পূৰ্বসূৰী (চমু জীৱনী গ্ৰন্থ)
পূৰ্বসূৰী (চমু জীৱনী গ্ৰন্থ)
বাট চ’ৰাত দু-আষাৰ
প্রগতিশীল সাহিত্য
পৰিষদ, অসমৰ জন্ম সৌসিদিনা
অর্থাৎ ২০১৭
বৰ্ষৰ ২
জুলাইত বৰপেটাৰ
যতিগাঁৱত। অসমীয়া ভাষাক
বিভিন্ন ভাষাৰ
সংস্পৰ্শলৈ আনি
ইয়াক সমৃদ্ধ
কৰি বিশ্ব
দৰবাৰত প্ৰতিষ্ঠা
কৰাৰ লগতে
সাহিত্যক সমাজ
পৰিৱৰ্ত্তনৰ আহিলা
হিচাপে প্ৰতিষ্ঠা
কৰি সমাজ
পৰিৱৰ্ত্তনত সাহিত্যৰ
ভূমিকা সুনিশ্চিত
তথা ন-পুৰণি প্রগতিশীল
লেখক-লেখিকাৰ সমাৱেশ ঘটোৱাই
সুস্থ, ৰুচিশীল আৰু মননশীল
সাহিত্য সৃষ্টি
কৰাই হ’ল প্রগতিশীল সাহিত্য পৰিষদ,
অসমৰ প্ৰধান
লক্ষ্য আৰু
উদ্দেশ্য।
আমাৰ দেশৰ
ৰাজ্যসমূহত ভাষা
আৰু ধৰ্মৰ
ভিন্নতা থাকিলেও
আমি অনৈক্যৰ
মাজত ঐক্যৰ
সেতু গঢ়াৰ
কাৰণে অহৰহ
প্ৰয়াস কৰি
আছো। এই প্ৰয়াসৰ
অন্যতম আহিলা
হৈছে সাহিত্য-কলা-সংস্কৃতি। সমাজতান্ত্রিক চিন্তা
ধাৰাও শ্রমিক,
কৃষক আৰু
সৰ্বসাধাৰণ শ্রমজীৱী
মানুহৰ মাজত
ক্ৰমে আগবাঢ়ি
গৈ আছে। সাহিত্যত তাৰ প্ৰতিফলন
ঘটোৱাও প্রগতিশীল
সাহিত্য পৰিষদ,
অসমৰ অন্যতম
লক্ষ্য।
নদীৰ প্ৰতি
যেনেকৈ গুৰুত্ব
দিয়া হয়,
নদীৰ সমষ্টি
জান-জুৰিৰ প্ৰতি
কিন্তু তেনেকৈ
গুৰুত্ব দিয়া
নহয়। ঠিক সেইদৰে
আমাৰ দেশৰ
প্ৰতিষ্ঠিত কবি-সাহিত্যিকৰ প্ৰতি
যেনেকৈ গুৰুত্ব
দিয়া হয়,
যিসকলৰ মৰম-চেনেহ ভালপোৱাৰ
ফলত মহান
কবি সাহিত্যিকৰ
জন্ম হয়
তেওঁলোকৰ প্ৰতি
কিন্তু তেনেকৈ
গুৰুত্ব দিয়া
নহয়। ফলত সুযোগৰ
অভাৱত গাঁও
বা চহৰাঞ্চলত
সিঁচৰতি হৈ
থকা বহু
অখ্যাত লেখক-লেখিকাৰ প্ৰতিভা
কলিতে মৰহি
যাবলৈ বাধ্য
হয়। প্রগতিশীল সাহিত্য
পৰিষদ, অসমে এই উঠি
অহা অখ্যাত
লেখক-লেখিকাসকলক সাহিত্য সৃষ্টিৰ
বাবে উদ্বুদ্ধ
কৰি সমাজ
পৰিৱৰ্ত্তনত তেওঁলোকৰ
ভূমিকা নিশ্চিত
কৰিবলৈ প্ৰয়াস
কৰিব।
বেলি মাৰ
যায়, গ্রহ-উপগ্রহই তাৰ
প্ৰতিবিম্বৰেই বাটৰুৱাক
বাটৰ সন্ধান
দিয়ে। কোনোবা জাতি
পৃথিবীৰ বুকুৰপৰা
নাইকীয়া হৈ
যায়, কিন্তু তেওঁলোকৰ মানসিক
বিকাশৰ জেউতি
বা প্রতিবিম্বই
পুৰুষানুক্ৰমে মানৱ
সমাজক পোহৰ
বিলাই থাকে। ড০ বাণীকান্ত কাকতিৰ
এই কথাষাৰৰ
তাৎপর্য উপলব্ধি
কৰিয়ে জাতীয়
চেতনাৰে উদ্বুদ্ধ
যিসকল জ্ঞান-পিপাসু সমাজ
নায়কৰ অশেষ
ত্যাগ-তিতিক্ষা আৰু প্ৰচেষ্টাৰ
ফলত অজ্ঞান
এন্ধাৰে আৱৰি
ৰখা আমাৰ
সমাজ জীৱন
জ্ঞানৰ আলোকেৰে আলোকিত হৈছে, সেইসকল সুমহান সমাজ
নায়কৰ আদৰ্শ,
কৰ্ম-প্ৰেৰণা, সাধনা আমাৰ
সমাজ জীৱনৰপৰা
প্ৰচেষ্টাৰ অভাৱত পাহৰণিৰ গৰ্ভত হেৰাই
যোৱাৰ উপক্ৰম
হৈছে। সেয়ে পৰিষদৰ
তৰফৰপৰা সেইসকল
সমাজ নায়কৰ
কৃতিসমূহ যুগমীয়া কৰাৰ কাৰণে স্বাধীনতা
দিৱসৰ লগত
সংগতি ৰাখি
জীৱনী সংকলন
‘পূর্বসূৰী’ প্ৰকাশৰ প্ৰচেষ্টা হাতত
লোৱা হৈছে। সংকলনটোত কিছু প্রতিষ্ঠিত লেখকৰ
লিখনি প্ৰকাশ
কৰা হৈছে
যদিও নতুন
লেখকৰ লিখনিৰ
প্ৰতিও বিশেষভাবে
গুৰুত্ব দিয়া
হৈছে। এই ক্ষেত্ৰত আমি
কিমানদূৰ সফল
হৈছো সেই
বিচাৰৰ ভাৰ
সাহিত্যপ্রেমীৰ ওপৰত
ন্যস্ত কৰিলোঁ। সদৌ শেষত চালুকীয়া অনুষ্ঠান হিচাপে সকলো
দোষ-ত্রুটি মার্জনা
কৰি আমাক
উৎসাহিত কৰিবলৈ
আটায়েৰে প্ৰতি
বিনম্ৰ অনুৰোধ
থাকিল।•
আবুল হুছেইন
সভাপতি, প্রগতিশীল সাহিত্য পৰিষদ,
অসম।
সম্পাদকীয়
সময়ৰ গতিত
আমাৰ সমাজখনো
ক্ৰমে উন্নয়নৰ
দিশত আগবাঢ়ি
গৈছে। কিন্তু উন্নয়নৰ
আঁৰত কিছুমান
বৰেণ্য ব্যক্তিৰ অৱদান অনস্বীকার্য, কিন্তু
কালৰ সোঁতত
তেওঁলোক বিস্মৃতিৰ
গহ্বৰত হেৰাই
যোৱাৰ উপক্ৰম
হৈছে। বহুতো ঘাত- প্রতিঘাতৰ মাজেৰে অশেষ
ত্যাগ আৰু
পৰিশ্ৰমৰ বলত
তেওঁলোকে সমাজ
জীৱনত এক
গুৰুত্বপূৰ্ণ অৰিহণা
যোগাই গৈছে। বিভিন্ন
জাতি-ধর্ম-ভাষা-বৰ্ণৰ মানুহৰ মাজত
সমন্বয় ৰক্ষা
কৰি বিভিন্ন
অনুষ্ঠান-প্রতিষ্ঠান স্থাপন বা
পৰিচালনাৰ যোগেদি বৃহত্তৰ অসমীয়া জাতি
গঠন প্রক্রিয়াত
সহায়-সহযোগিতা আগবঢ়োৱা গ্ৰাম্যঞ্চলৰ
মুখিয়াল ব্যক্তিসকলক
লৈ এখনি
জীৱনীমূলক গ্ৰন্থ প্ৰকাশৰ
কথা বহুদিন
ধৰি চিন্তা-চৰ্চা কৰি
থকা হৈছিল। এনে উদ্দেশ্য আগত
ৰাখি প্রগতিশীল
সাহিত্য পৰিষদ,
অসমৰ উদ্যোগত স্বাধীনতা
দিৱসৰ দিনা
“পূর্বসূৰী” প্ৰকাশৰ বাবে সিদ্ধান্ত
লোৱা হয়। মন কৰিব লগীয়া
যে,
পূর্বসূৰীৰ বাবে
আশা কৰাতকৈ বহু
বেছি লিখনি
আমাৰ হাতত
আহি জমা
পৰিছে। যিসকলৰ লিখনি
প্ৰকাশ কৰিব
নোৱাৰিলো, তেখেতসকলৰ ওচৰত আমি ক্ষমাপ্রার্থী। অৱশ্যে প্ৰকাশ নোপোৱা
লিখনিসমূহ পৰৱৰ্তী
সময়ত পৰ্যায়ক্রমে
প্ৰকাশৰ দিহা
কৰা হ’ব।
এইখিনিতে উল্লেখ্য
যে,
পূৰ্বসূৰীৰ কাম-কাজৰ দায়িত্ব
সুচাৰুৰূপে চলাই
নিয়াত মোৰ
লগত ছাঁৰ
দৰে লাগি
থাকি সহায়- সহযোগিতা আগবঢ়োৱা সম্পাদনা
সমিতিলৈ হিয়াভৰা
শলাগ যাচিলোঁ। ইয়াৰোপৰি প্ৰগতিশীল সাহিত্য
পৰিষদ, অসমৰ সভাপতি, সম্পাদক তথা
উপদেষ্টা মণ্ডলীকে
আদি কৰি
সমূহ বিষয়-ববীয়ালৈ কৃতজ্ঞতা
জ্ঞাপন কৰিলো
৷ তদুপৰি যিসকল লেখক-লেখিকাই সময়মতে লিখনি
পঠিয়াই পূৰ্বসূৰীখনক
সু-সমৃদ্ধ কৰি
তুলিলে তেওঁলোক
সকলোলৈ আন্তৰিক
কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ
। লগতে বি,
বি,
অফছেট প্ৰেছৰ
স্বত্ত্বাধিকাৰী আব্বাছ
আলী আৰু
অক্ষৰ বিন্যাসত
সহায় কৰা
শ্ৰীযুত বিতুমণি বর্মনলৈ ধন্যবাদ জ্ঞাপন
কৰিলোঁ। পূর্বসূৰীখন কম সময়ৰ
ভিতৰত প্ৰকাশ
কৰিব লগা
হোৱাত অনিচ্ছাকৃত
ভুল-ত্রুটি ৰৈ
যাব পাৰে,
পাঠক সমাজে সেইবোৰ আঙুলিয়াই দিলে
কৃতার্থ হ’ম। সদৌ শেষত
পূৰ্বসূৰীৰ এই
জয়যাত্রা আগন্তুক
বছৰবোৰত অব্যাহত
থকাৰ কামনাৰে সামৰিলোঁ।•
নূৰ হুছেইন,
সম্পাদক, ‘পূর্বসূৰী’ সম্পাদনা সমিতি
সূচীপত্র
আলীভাই আৰু
তেওঁৰ সময়
: এটি শ্রদ্ধাঞ্জলী
সাহিত্যিক এম.
ইলিম উদ্দিন
দেৱান
কিম্বদন্তি পুৰুষ
কালু খান
স্বাধীনতা সংগ্রামী
শ্রীযুত ঠগী
বৰুৱাদেৱ
সুদক্ষ প্রশাসক
কৃতী শিক্ষক
আলহাজ হালিম
আলী
আদর্শ শিক্ষক
আলহাজ জয়নাল
আবেদিন
স্বভাৱ কবি
বোৰহান আলী
চৰকাৰ(জীৱনালেখ্য)
ধনাই হাজীৰ
জীৱন আৰু
কৰ্ম
চান্দে ডাক্তৰ
ওৰফে ডাঃ
আব্দুৰ ৰছিদ
মৌলবী শ্বাহ
ছৈয়দ মোশ্বাৰাফ
হুছেইন খান
ছিদ্দিকী
প্রয়াত অতুল
চন্দ্র গোস্বামীৰ
চমু জীৱনী
মৰহুম খোৰছেদ
আলী শিকদাৰ
(গাঁওবুঢ়া)ৰ চমু জীৱনী
আলহাজ গোলাম
মওলা বখশ
এগৰাকী অখ্যাত
ব্যক্তিৰ জীৱন
কথা
মহুম হাকিম
আলী দেৱানী
মহুম ফাজিল
উদ্দিন চৰকাৰ
Biography of
Bilayet Hussain
বিঃ দ্রঃ-
জীৱনী গ্ৰন্থত
প্রকাশিত তথ্য
বিসংগতিৰ বাবে
সম্পাদনা সমিতি দায়ী
নহয়।
আলীভাই আৰু তেওঁৰ সময় : এটি শ্রদ্ধাঞ্জলি
ইছমাইল হোছেইন
(জ্যেষ্ঠ)
আলীভাই গ'লগৈ। আলীভাই মানে
খন্দকাৰ আলী
হোছেইন। তেওঁ আছিল
মোতকৈ তেৰ
বছৰে ডাঙৰ। আলীভাইৰ জন্ম ১৯৩৪ চনত। আমাৰ অঞ্চলত ককাইদেউক
‘ভাই’
বুলিয়ে সম্বোধন
কৰা হয়। ময়ো বয়োজ্যেষ্ঠ আলী
হুছেইনক ‘আলীভাই’ বুলিয়ে সম্বোধন কৰিছিলোঁ। আলীভাই আছিল কৰেৰ্তল
গাঁৱৰ খন্দকাৰ
কবীৰ হুছেইন
চাহাবৰ দ্বিতীয়
পুত্র। প্রথম পুত্ৰ খন্দকাৰ
নুৰ আহম্মদ। খেতিৰ মাটি আছিল
যদিও কবীৰ
হুছেইন চাহাবক
খেতি-বাতি কৰা আমি
কাহানিও দেখা নাই। তেওঁ ধৰ্ম-কৰ্ম কৰিছিল, গাইগৰু পুহিছিল আৰু
ওৰেদিন বৰশীৰে
মাছ ধৰাটো
আছিল তেওঁৰ
নিচা।
আলীভাইৰ লগত
মোৰ সম্পৰ্ক
বহুদিনীয়া। সেইবোৰ কথা
এটা ক্ষুদ্ৰ
প্ৰৱন্ধত কোৱাটো
সম্ভৱ নহয়। মহাকালৰ হাতবাউলিত আলীভাই চিৰদিনলৈ
আঁতৰি গ'ল। আলীভাইৰ যাবলগীয়া
বয়স হৈছিল,
দেখাত অৱশ্যে
সিমান বয়সীয়াল যেন লগা নাছিল। আলীভাইৰ আকস্মিক বিয়োগত
অন্তৰত গভীৰ
দুখ অনুভৱ
কৰিছোঁ।
আলীভাইৰ সুযোগ্য
পুত্ৰ খন্দকাৰ
মজিবৰ ৰহমানে
আলীভাইৰ সম্পৰ্কে
মোৰ স্মৃতিকথা
আৰু সেই
সময়ৰ সমাজ আৰু অঞ্চলৰ কথাবোৰ
লিখিবলৈ মোক
অনুৰোধ কৰিছে। আটাইবোৰ কথা ক’ব লাগিলে প্ৰৱন্ধৰ কলেৱৰ
দীঘলীয়া হ’ব, বহু ব্যক্তিগত কথা
আহি যাব,
যিবোৰ এইক্ষেত্ৰত
অপ্ৰসাংগিক। তথাপি তেওঁৰ
অনুৰোধ ৰক্ষা
কৰি চমুকৈ
কিছু কথা
ক’ব খুজিছোঁ।
১৯৫৪-৫৫ চনৰ কথা,
মোৰ ভালকৈয়ে
মনত আছে,
সেই সময়ত
ভূঞাপাৰা বাদ
দি দক্ষিণ
কৰেতলৰ আটাই কেইঘৰ, বৰপাল্লীৰ আটাইকেইঘৰ
আৰু তেঁতেলীৰতল
গাঁৱৰ উত্তৰে
মন্তাজ আলী
হাজীৰ ঘৰৰ
পৰা দক্ষিণে
আনছাৰ আলী
(নৱাৰ বাপেক)
১ ঘৰহৈ পূব ফালৰ
আটাইকেইটা পৰিয়াল
একে সমাজভুক্ত
আছিল। ভাতকুছি ৰিজাৰ্ভ, তেঁতেলিৰতল ৰিজাৰ্ভ আৰু
পথালিকুছি, পথাৰকুৰৰ পাৰত কোনো
জনবসতি নাছিল। সেইবোৰ আছিল মাছ
আৰু পখীৰ বিচৰণ ভূমি। উল্লিখিত সমাজখনত
কোনো খুজিমাগি
খোৱা মানুহ
নাছিল। আটাইৰে কম-বেছি খেতিৰ
মাটি আৰু জীৱিকাৰ সম্বল আছিল। সমাজখনৰ মুখিয়াল লোকসকল
আছিল মন্তাজ
আলী হাজী,
মোৰ আব্বা
আব্দুল হামিদ,
বিশু বেপাৰী, তালেব সৰকাৰ, ছালাম বয়াতী, বলাই মুন্সী ওৰফে
ইয়াকুব আলী
মুন্সী, হুছেন সৰকাৰ, তেওঁৰ ভাই আক্রাম আলী, ৰবি খান,
হুছেইন আলী,
মাজম আলী
হাজী আৰু
খন্দকাৰ কবীৰ
হুছেইন। মন্তাজ আলী
হাজী আছিল
সকলো ধৰণৰ সামাজিক
কামত আগৰণুৱা।
এওঁলোকৰ ভিতৰত
আক্ৰাম আলী,
বিশু বেপাৰী
আৰু হুছেইন
আলী নিৰক্ষৰ
আছিল। তেতিয়া আমাৰ
তিনিওখন গাঁৱৰ ভিতৰত
আধুনিক শিক্ষাৰে
শিক্ষিত লোকসকল
আছিল মোৰ
আব্বা আব্দুল
হামিদ, তেঁতেলিৰতলৰ হাছান সৰকাৰ, আহম্মদ হুছেইন আৰু
আব্বাৰ সহপাঠী
আনছাৰ খান
চাহাব। নব্য শিক্ষিতসকলৰ
মাজত বৰপাল্লীৰ
আব্দুল আজিজ চাহাবে
খুব সম্ভৱ
আই এ
শ্রেণীত ভৰ্তি
হৈছিল। এওঁলোকৰ বাহিৰে
উল্লিখিত মুখিয়াল
লোকসকলৰ বাকী কেইজন ধর্মীয় শিক্ষাৰে
শিক্ষিত আছিল।
সেই সময়ত আমাৰ তিনিওখন গাঁৱত বহু দূৰ-দূৰণিৰ ছাত্ৰই লজিং (জাগিৰ) থাকি বৰপেটাৰ স্কুল-কলেজত পঢ়িছিল। আমাৰ গাঁৱত ভলীবল, ফুটবল আৰু হাডুডু খেলৰ প্ৰচলন সেইদিনতো আছিল। গাঁৱৰ উদ্যোগী যুৱ- ছাত্ৰসকলে লজিং থকা ছাত্ৰৰ সহযোগত খুব সম্ভৱ ১৯৫৬ চনত তেঁতেলীৰতল সামাজিক লাইব্ৰেৰী স্থাপন কৰিছিল, লাইব্ৰেৰীখন বৰপাল্লীৰ ইয়াকুব আলী মুন্সী চাহাবৰ ঘৰত আছিল। তদুপৰি কেইখনমান ঘৰত ৰাতি পুথি পাঠৰ আখৰা বহিছিল। গাঁওখনত অকল আমাৰ ঘৰতে আব্বাই দুখন বাতৰি কাকত নিয়মীয়াকৈ ৰাখিছিল। গাঁৱৰ বেছিভাগ লোক নিৰক্ষৰ হ'লেও বৰ শান্তিপ্রিয় আছিল। তদুপৰি সৰুৰ ডাঙৰৰ প্ৰতি সন্মানবোধ আৰু একতা আছিল।
মন্তাজ আলী
হাজী চাহাবে
মোক কোৱা
মতে তেওঁ
১৯৩৯ চনত
তেঁতেলীৰতল গাঁৱৰ
নছেৰ শিকদাৰৰ
গোহালি ঘৰটো আঠ
টকাত কিনি
আনি বৰপাল্লী
গাঁৱৰ ইয়াকুব
আলী মুন্সী
চাহাবে স্কুলৰ
বাবে মাটি
দিব বুলি
প্ৰতিশ্ৰুতি দিয়াত তেওঁৰ ঘৰৰ আগত
ৰাইজৰ সহযোগত
তেঁতেলীৰতল এল.পি.
স্কুল স্থাপন
কৰে। স্কুলখনৰ প্রথম
শিক্ষক কোন
আছিল নাজানো। মই শুনামতে
কিছুদিন মোৰ
আব্বাইয়ো এই
স্কুলত শিক্ষকতা
কৰিছিল। আমাৰ আতাই
পুতেক স্কুলৰ
শিক্ষক হোৱাটো হেনো
ভাল পোৱা
নাছিল। কাৰণ তেতিয়াৰ
দিনত স্কুলৰ
শিক্ষকৰ দৰমহা
আছিল একেবাৰে
কম। পিছত
আব্বাই অসম
চৰকাৰৰ ৰাজহ
বিভাগত চাকৰি
পোৱাত দিঘীৰপাৰ
গাঁৱৰ আব্দুৰ
ৰহমান চাহাব
এই স্কুলৰ
শিক্ষক হয় আৰু খুব সম্ভৱ
তেওঁৰ দিনতে
১৯৪২ চনত
স্কুলখন বৰপেটা
বোৰ্ডৰ অন্তৰ্ভুক্ত
হয়। এইখনেই আমাৰ
তিনিওখন গাঁৱৰ শিক্ষাৰ মাতৃ অনুষ্ঠান। আলীভায়ে এই স্কুলৰ
পৰা পাছ
কৰি মজলীয়া
বা হাইস্কুল
পৰ্যায়ৰ শিক্ষা
ক’ত লৈছিল নাজানো। কিন্তু তেওঁৰ হাতৰ
আখৰ ভাল
আছিল, দৰ্খাস্ত আদিও লিখিব
পাৰিছিল, হিচাপ-পত্ৰ আৰু
গণিতৰ ভাল
জ্ঞান আছিল।
পুনৰ পূৰ্বৰ
কথালৈ আহোঁ। আগতে আমৰ গাঁৱত
কোনো দোকান
নাছিল। আমি স্কুলত
পঢ়ি থকা
দিনত ৰবি
খানৰ বৰজোঁৱাই আয়নাল
হকে এখন
গেলামালৰ দোকান
দিছিল। সেইখন কেইবছৰমান
চলাৰ পিছত
বন্ধ হৈ
যোৱাত জীৱিকাৰ তাড়নাত
আলীভায়ে নিজৰ
ঘৰত দোকান
এখন খুলিলে। লগতে সুলভ মূল্যৰ
চৰকাৰী দোকানৰ
দায়িত্বও পালে। মই আলীভাইৰ
দোকানত কাগজ,
সুলেখা চিয়াহীৰ
বটল,
পাখিৰ কলম
আৰু নীল,
চাবোন আদি
কিনিবলৈ প্ৰায়ে গৈছিলো।
দোকানী হিচাপে
তেওঁ আছিল
অতি নিষ্ঠাৱান
আৰু হিচাপী। তেওঁ বৰ বেছি
হাঁহি-ধেমালি নকৰিছিল। সদায়
প্রয়োজনীয় কথাহে
কৈছিল। দোকানখনৰ সামান্য
আয় আৰু
খেতিৰ ধানখিনিৰে
তেওঁ সুবৃহৎ
পৰিয়ালটো চলোৱাৰ উপৰি নুৰ আহম্মদৰ
লিখা-পঢ়াৰ খৰচ বহন
কৰিছিল। সৰু ভায়েককেইজনকো
স্কুলত দিছিল। আলীভাইক
খুব ঘনিষ্ঠভাৱে
লগ পাইছিলোঁ
১৯৬২ চনত। সেই সময়ত মন্দিয়াৰ
হাটলেচীয়ে মহকুমা
পৰিষদে নিৰ্ধাৰিত কৰা
খাজনাতকৈ ব্যৱসায়ীসকলৰ
পৰা বহু
বেছি খাজনা
জোৰ-জুলুমকৈ আদায়
কৰিছিল। তদুপৰি এজন দেৱানীয়ে সৰু-সুৰা ঘৰুৱা
বস্তু বিক্ৰী
কৰা কৃষক
এজনক দাবি-ধমকি দিছিল। এই ঘটনাক কেন্দ্ৰ
কৰি বৰপেটাৰোড, বৰপেটা আৰু হাউলীৰ
পৰা আহি
মন্দিয়াৰ সোমব্ৰৰীয়া
হাটত বেচা-কিনা কৰা
ব্যৱসায়ী আৰু
ভেলেংগীৰ উত্তৰপাৰৰ
কেইবাখনো গাঁৱৰ
ৰাইজে কপোৱা
গাঁৱত বৰ্তমান
ভেলেংগী নদীৰ
দলঙৰ পশ্চিম
ফালৰ মুকলি
ঠাইত সোমবৰীয়া
বজাৰ স্থাপন কৰিছিল। মোৰ যিমান দূৰ
মনত পৰে,
উক্ত বজাৰ
সমিতিৰ প্রথম
সভাপতি আছিল
শানু দেৱানী। উপ- সভাপতিকেইজন আছিল নোৱাই
দেৱানী, কপোহাৰ ছমিৰ বেপাৰী,
জবেদ দেৱানী,
উপদেষ্টা আব্দুল
হামিদ মুন্সী
আৰু পুণ্য হাৱালদাৰ। সাধাৰণ সম্পাদক আছিল
বৰপেটাৰ কৰুণা
কাকতি, কাৰ্যকৰী সম্পাদক আছিল
ভাতকুছিৰ জালাল
খান আৰু যুটীয়া
সম্পাদক আছিল
আলী হুছেইন,
মানে আমাৰ
আলীভাই আৰু
কোন কোন
আছিল, মনত নাই। পৰৱৰ্তী
সময়ত আলীভাই
উক্ত বজাৰ
সমিতিৰ সাধাৰণ
সম্পাদক হৈছিল।
ৰাইজৰ ক্ষোভ
আৰু কিছু
পৰিমাণে হুজুগত
স্থাপিত হ’লেও বজাৰখনত
সকলোধৰণৰ বয়বস্তুৰ
স্থায়ী দোকানকেইখন মান গঢ়ি উঠিল। আলীভায়ে বজাৰত সোমোৱা
ৰাস্তাৰ মুখতে
ডাঙৰ গেলামালৰ
দোকান খুলিলে। এমাহ মানৰ ভিতৰত সোমবৰীয়া মন্দিয়া হাট
প্রায় জনশূন্য
হৈ পৰিল,
ইফালে কপোহা
হাটত গিগিজিয়া
মানুহৰ ভীৰ। মেট্ৰিক পৰীক্ষা দি উঠি মুকলি হ’লো। কপোহাৰ ইউছুফ
ডাক্তৰ, যোগেশ ডাক্তৰ, আব্দুল গনি,
জোনাব আলী
আহমেদ, চুলতান খান, আক্কাছ দৰ্জী, চাৰু ৰাজবংশী, আলীভাই, সামেজ উদ্দিন,
আবুছায়েদ খান
আৰু মই,
আমি যুৱ-ছাত্ৰসকলে কপোহা
মিলন সংঘ প্রতিষ্ঠা
কৰিলোঁ লগত
লাইব্ৰেৰী। চুলতান মামুদ
আৰু ৰহমান
আলী তেতিয়া
আমাৰ গাঁৱত
লজিং থাকি বৰপেটা গৱৰ্নমেণ্ট হাইস্কুলত
পঢ়ে। আব্দুছ ছাহেদ
আহমেদ মন্দিয়া
হাইস্কুলৰ ছাত্ৰ। পৰৱৰ্তী পৰ্যায়ত তিনিও
মিলন সংঘৰ সৈতে
জড়িত হৈছিল
আৰু বিশেষকৈ,
আব্দুছ ছাহেদ
আহমেদে মিলন
সংঘৰ পুথিভড়ালটোৰ
দায়িত্বভাৰ নিষ্ঠাৰে পালন কৰিছিল।
মিলন সংঘ
আৰু লাইব্ৰেৰীৰ
কাৰ্যালয় বজাৰখনৰ
পশ্চিম দিশত
আমজাদৰ ফার্মাচীত
স্থায়ী ঘৰত
পতা হ’ল। পহৰা হিচাপে ৰাতি
তাত থাকে
সামেজুদ্দিন। আবু ছায়েদ
খানে বজাৰত
গনি ডাক্তৰৰ
লগত মেছ
কৰি থাকে। মোৰ আৰু সামেজুদ্দিনৰ ওপৰত
দায়িত্ব আছিল
লাইব্ৰেৰীৰ কিতাপ
সংগ্ৰহ আৰু
দান-বৰঙণি বিচৰা। গোটেই অঞ্চলটো ঘূৰি
দুয়ো কিতাপ আৰু
নগদ টকাৰে
প্ৰায় ৫০০
মান মূল্যৱান
কিতাপ গোটাইছিলোঁ
আৰু এটা
আলমাৰী আৰু
এখন ৰেক
তৈয়াৰ কৰা হৈছিল। চৰকাৰৰ ফালৰ পৰা
লাইব্ৰেৰীত আমি
এটা ডাঙৰ
আকাৰৰ এৰিয়েল
থকা
‘নেচনেল ইকো’
ৰেডিঅ' পাইছিলো।
আলীভায়ে লাইব্ৰেৰীৰ
পৰা ধৰ্মীয়
কিতাপ নি
ৰাতি পঢ়িছিল
আৰু আমাকো
উপদেশ দিছিল। আমাৰ তিনিওৰে পিছে ধর্ম-কর্মত সিমান
মতি নাছিল। আমাৰ নিচা আছিল
কলকাতা, ঢাকা (ৰেডিঅ' চিলোন) আৰু আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত
ৰেডিঅ’-নাটক আৰু গীতমাত
শুনা। এইক্ষেত্ৰত ডাঃ
যোগেশ চন্দ্ৰ
সূত্ৰধৰ আমাৰ
সহযোগী আছিল। তেওঁ মোতকৈ
যথেষ্ট ডাঙৰ
কিন্তু মৰমতে
মোক শশুৰ
সম্বোধন কৰিছিল। সন্ধিয়া আকাশবাণী গুৱাহাটীৰ বাতৰি শুনিবলৈ গাঁৱৰ
ভালেমান মানুহ
লাইব্ৰেৰীত সমৱেত
হৈছিল। বজাৰত যাত্রাগান,
কবিগান, ভলীবল খেল,
চার্কাছ আৰু মেজিক
আদি অনুষ্ঠিত
হ’লে আলীভায়ে
সদায় সেইবোৰ
পৰিচালনাৰ ক্ষেত্ৰত
আগভাগ লৈছিল।
বজাৰখন ভালকৈয়ে
চলিছিল। কিন্তু মৰাপাট
বেচোঁতাসকলে নাৱেৰে
নদী পাৰ
কৰি সিপাৰলৈ
মৰাপাট অনা নাছিল।
সেইদৰে সিপাৰৰ
মন্দিয়া বজাৰৰ
গৰু বজাৰখনো
আছিল ডাঙৰ
আৰু অতি
পুৰণি।
ইতিমধ্যে এটা
ঘটনা ঘটিল। মন্দিয়াৰ মুখিয়াল ৰাইজৰ
অনুৰোধমৰ্মে ছ'চিয়েলিষ্ট পাৰ্টীৰ
বিধায়ক তাজুদ্দিন
আহমদে মন্দিয়া আৰু
কপোহা বজাৰৰ
বিষয়টো অসম
বিধান সভাত
উত্থাপন কৰি
পুৰণি বজাৰৰ
১ কিলোমিটাৰৰ ভিতৰত দুখন বজাৰ একেদিনত বহাটো
নিষিদ্ধ কৰিলে। সেইমতে কপোহা বজাৰ
সোমবাৰৰ সলনি
আনবাৰে বহুওৱাত
বজাৰখন যথেষ্ট দুর্বল
হ’ল। ইতিমধ্যে আমিও
কলেজত ভৰ্তি
হ'লো।
কপোহা বজাৰখন
১৯৭৩ চনলৈ
কল ধপ্
কল ধপ্কৈ চলি
আছিল। ১৯৭৪ চনত
কপোহা মন্দিয়া
ঘাটত আৰ
চি চি দলং
নিৰ্মাণৰ কাম
আৰম্ভ হ'ল। কপোহা বজাৰৰ
দোকানবোৰ কপোহা
পি.ডব্লিউ.ডি. ৰাস্তাৰ দুইপাৰে
গুমটি ঘৰত স্থানান্তৰ হ’ল। কিছুমান বাকী
লাগি মৰিল। আলীভায়ে গাঁৱলৈ ঘূৰি
আহি পুনৰ
নিজৰ ঘৰত
দোকান খুলিলে। আলীভায়ে নিজৰ ল'ৰা-ছোৱালীৰ উপৰি
ভতিজা-ভতিজীহঁতৰ লিখা-পঢ়াৰ ক্ষেত্ৰত নজৰ
দিছিল। আলীভাই আছিল
আমাৰ গাঁও তিনিওখনৰ ভিডিপিৰ ছেক্ৰেটাৰী।
দক্ষিণ কৰেৰতলত
ৰাজহুৱা আৰু
সামাজিক কাম-কাজ বেছি
হোৱা নাছিল। বহুবছৰ পূৰ্বে চাকলাৰকুৰৰ
পাৰৰ মৌলবী চাহাবে
উদ্যোগ লৈ
ওছমান ভূঞাৰ
ঘৰৰ আগত
মছজিদ স্থাপন
কৰিছিল। আলীভাই আছিল
নীৰৱ সমাজকর্মী। তেওঁ
আগভাগ লৈ
দক্ষিণ কৰেতল
এল.পি.
স্কুল আৰু
হাইস্কুল স্থাপন
কৰিছিল। তদুপৰি কৰেতল
ভূঞাপাৰা আৰু কুৰৰপাৰৰ ৰাইজৰ সুবিধার্থে
তেওঁ প্ৰায়
একক প্রচেষ্টাৰে
কৰেতল ঈদগাহ
স্থাপন কৰিছিল।
বৰপাল্লী তেঁতেলীৰতল
আৰু কৰেৰ্তল
গাঁৱত বর্তমানে
শিক্ষিত লোকৰ
সংখ্যা বৃদ্ধি
পাইছে। ইয়াৰে এক
চতুর্থাংশ পৰিয়ালৰ প্ৰায়
প্ৰতিঘৰতে বি.এ.
পাছ ল'ৰা-ছোৱালী আছে। কেইবাজনো ল'ৰা-ছোৱালীয়ে এম.এ.
আৰু ল’
পাছ কৰিছে। কাৰিকৰী আৰু
চিকিৎসাবিদ্যাৰ উচ্চ
শিক্ষিত ল’ৰা-ছোৱালী নাই
বুলিয়ে ক’ব পাৰি। শিক্ষিত ল’ৰা-ছোৱালীৰ ৯৮ শতাংশ
নিৱনুৱা। বিকল্প জীৱিকাৰ
কাৰণে এই
ল’ৰা-ছোৱালীবোৰ নিজৰ
গাঁও আৰু
জিলা সদৰৰ
বাহিৰলৈ যাব নুখুজে।
গাঁওসমূহত এল.পি.
স্কুলৰ লগতে
এম.ই.
আৰু হাইস্কুল
পুৰণি চাম
সমাজকৰ্মী আৰু
তেওঁলোকৰ অনুসৰণকাৰী বর্তমান প্রবীণ চামে
গঢ়ি তুলিছে। গাঁৱৰ ৰাস্তা-ঘাটৰ অৱস্থা সামান্যহে
পৰিৱৰ্তন হৈছে,
ইয়াক উন্নত
বুলি ক'ব নোৱাৰি। যিকেইজন
শিক্ষিত লোকৰ
চাকৰি হৈছে,
তেওঁলোকৰ বেছিভাগে
নিজৰ ল'ৰা-ছোৱালী আৰু
পৰিয়ালৰ বাহিৰে
আনৰ কথা মুঠেই
চিন্তা নকৰে। পূর্বে বি.কে.টি.
আজাদ ক্লাবৰ
ফুটবল, ভলী আৰু কাবাদী
দলৰো অঞ্চলজোৰা
সুনাম আছিল।
বর্তমানে যথেষ্ট
সুযোগ থকা
সত্ত্বেও খেল-ধেমালিৰ সাঁচেই
নাই। শিক্ষিত লোকসকলে
নিজৰ পইচা
খৰচ কৰি
এখন বাতৰি কাকতো
নিয়মীয়াকৈ ৰাখি
পঢ়িবলৈ টান
পায়। এওঁলোক যেন
ইংৰাজ কবি
টি.এছ.
এলিয়টে কোৱাৰ
দৰে 'Hollow man' মানে ফোঁপোৱা
মানুহ। এই কথাবোৰ
বৰ দুখেৰে
ক'বলগীয়া হৈছে।
সমাজকর্মী মন্তাজ
আলী হাজী,
পৰৱৰ্তী সময়ৰ
তেতিয়াৰ দিনৰ
যুৱ-ছাত্ৰসকল, নীৰৱ সমাজকর্মী আলী
হুছেইন, বৰপাল্লী ঈদগাহৰ
বাবে নিজৰ
পাঁচ বিঘা
মূল্যৱান মাটি
দান কৰি
যোৱা জুলমত
আলী,
আজিৰ যুৱ-ছাত্ৰসকলৰ আদৰ্শ হ'ব নোৱাৰেনে?
আলীভাই ধনী
মানুহ নাছিল। তেওঁ ধাৰ্মিক আছিল,
কিন্তু সাজ-পোছাকত মুছল্লী
সাজি কাৰো
অন্যায় কৰা
নাছিল৷ অভাৱ-অভিযোগৰ মাজেদি তেওঁ
ল’ৰা-ছোৱালীকেইটাক শিক্ষা
দি জীৱনত
প্রতিষ্ঠিত কৰাৰ
প্ৰচেষ্টা কৰিছিল। সেই সপোন তেওঁৰ পূৰ্ণ
হৈছে। তেওঁৰ আটাইকেইজন
ল'ৰা-ছোৱালীয়ে কম-বেছি শিক্ষিত
আৰু প্ৰতিষ্ঠিত। তেওঁৰ বৰপুত্ৰ মজিবৰ ৰহমানে
দীর্ঘদিনীয়া জীৱন
সংগ্ৰামৰ মাজেদি
এখন কলেজ
গঢ়ি নিজে
তাৰ অধ্যক্ষ
হিচাপে শিক্ষাৰ
ক্ষেত্ৰত নেতৃত্ব দিছে।
আলীভাই আছিল
স্বাধীনচিতীয়া আৰু
জীৱন-যুঁজৰ অক্লান্ত যুঁজাৰু। ৭৫ বছৰৰ দেওনা
পাৰ হোৱাৰ
পিছতো আলীভায়ে জিৰণি
লোৱা নাছিল। বৰপেটাৰ মুছলিমপট্টিত এটা
পি.চি.অ’.
খুলি তালৈ
নিতৌ ঘৰৰ
পৰা গৈ
নিয়মীয়াকৈ বহিছিল। ৩০ ছেপ্টেম্বৰ
তাৰিখে তেওঁ
পৱিত্ৰ মক্কা-মদিনালৈ হজলৈ
যাবলৈ যাৱতীয়
চৰকাৰী-বেচৰকাৰী কৰণীয়খিনি কৰিছিল। ২১ তাৰিখে
পুৱা বৰপাল্লী
জামে মছজিদত
ফজৰৰ নামাজ
পঢ়িছিল। সিদিনাই মটৰ
চাইকেলে খুন্দিয়াই
দিয়াত অকস্মাতে পৰি
তেওঁৰ মৃত্যু
হ’ল। এনকৈয়ে অন্ত
হ’ল তেওঁৰ নীৰৱ সংগ্রামী
জীৱনৰ। আলীভাইৰ পৱিত্ৰ
স্মৃতিৰ উদ্দেশ্য
গভীৰ শ্ৰদ্ধাঞ্জলি
নিবেদন কৰিছোঁ।
খন্দকাৰ পৰিয়ালত জাগিৰ থাকি পঢ়া-শুনা কৰা ব্যক্তিসকলৰ তালিকা :
নাম
কর্মথলী ঘৰৰ ঠিকনা
১। ৰাইজ উদ্দিন
আহমেদ- অৱসৰপ্ৰাপ্ত শিক্ষক, বহৰি হাইস্কুল পদ্মপাৰা
২। আলহাজ মণিৰুদ্দিন
আহমেদ অঃপ্রাঃ
অধ্যক্ষ, বামুণদংৰা উচ্চতৰ মাঃ
বিঃ বামুন দংৰা
৩। খোৰশেদ আলী-
অৱসৰপ্ৰাপ্ত শিক্ষক,
বামুণদংৰা উঃ
মাঃ বিঃ দীঘিৰ পাৰ
৪। আকবৰ আলী-অৱসৰপ্ৰাপ্ত অধীক্ষক,
ধকুৱা হাই
মাদ্রাছা ধকুৱা
৫। ডাঃ জনাব
আলী-
অৱসৰপ্ৰাপ্ত অধীক্ষক,
গুৱাহাটী মেডিকেল
কলেজ, কপোহা
৬। জনাব আলী-
অৱসৰপ্ৰাপ্ত শিক্ষক,
বামুণদংৰা উঃ
মাঃ বিঃ চাচৰা
৭। ছামচুল হক
খান-
অঃপ্রাঃ উচ্চ
বৰ্গৰ কাৰ্যালয়
সহায়ক, মন্দিয়া উঃ মাঃ
বিঃ ভাতকুছি
৮। আঃ গনি
খান-
অৱসৰপ্ৰাপ্ত অধ্যক্ষ,
বামুণদংৰা উঃ
মাঃ বিঃ মন্দিয়া
৯। আঃ ৰহমান
খান-
অধিবক্তা, বৰপেটা কাঞ্চনপুৰ
১০। হাকিম উদ্দিন-অধিবক্তা, বৰপেটা আগমন্দিয়া
১১। আকমল খান-
অধিবক্তা, বৰপেটা বহৰি
১২। আবুল কাশেম-
অধিবক্তা, বৰপেটা বামুনদংৰা
১৩। হবিবৰ ৰহমান-
অৱসৰপ্ৰাপ্ত বন
সংপালক বিষয়া, সুহাবিলদলনি
১৪। আঃ ৰহিম- অৱসৰপ্ৰাপ্ত
শিক্ষক, বাংকাভাংগা, এম.ই.
মাদ্রাছা, বাংকাভাংগা
১৫। আব্বাছ খান-
অৱসৰপ্ৰাপ্ত শিক্ষক,
কাঞ্চনপুৰ এম.ই.
মাদ্রাছা, কাঞ্চনপুৰ
১৬। আছুৰুদ্দিন- অৱসৰপ্ৰাপ্ত
শিক্ষক চাচৰা
১৭। ওমৰ উদ্দিন-
শিক্ষক কাদং
১৮। হাছমত আলী-এম কম,
বিশিষ্ট সমাজকর্মী পাতলিকুছি
১৯। আঃ জলিল-
অৱসৰপ্ৰাপ্ত শিক্ষক কয়াকুছি
২০। বিল্লাল হুছেইন-
অৱসৰপ্ৰাপ্ত শিক্ষক -
২১। জামাল উদ্দিন
– ভেল্লা
২২। ইব্রাহীম আলী-
শিক্ষক -
২৩। মফিজ উদ্দিন-শিক্ষক -
২৪। মোবাৰফ হোছেইন-শিক্ষক -
২৫। ৰহমান আলী-অৱসৰপ্ৰাপ্ত অধ্যক্ষ,
মন্দিয়া উচ্চতৰ
মাঃ বিঃ, কপোহা
২৬। আবুল কাছেম-
শিক্ষক, সত্ৰকনৰা এম.ই.
মাদ্ৰাছা সত্ৰকনৰা
২৭। আব্দুল বাকে-
বিজ্ঞান শিক্ষক,
আলোপতি উচ্চতৰ
মাঃ বিঃ, আলোপতি
২৮। ছামচুল হক-প্রধান শিক্ষক,
ৰামাপাৰা উঃ
মাঃ বিঃ ৰামাপাৰা
২৯। খন্দকাৰ ছোহৰাব
আলী-
অৱসৰপ্ৰাপ্ত মণ্ডল মন্দিয়া
৩০। ফজল হক-শিক্ষক -
৩১। মোছলেম উদ্দিন
আহমেদ- শাখা প্ৰৱন্ধক, অসম গ্রামীণ বিকাশ
বেংক, পদ্মপাৰা
৩২। ৰাজীৱ আহমেদ-
বিশিষ্ট সমাজকর্মী বাঘবৰ
৩৩। হাফিজ আহমেদ-
লেখক-সাংবাদিক
কপোহা•
: : :
সাহিত্যিক এম. ইলিম উদ্দিন দেৱান
নূৰ হুছেইন,
বাঁহমূৰা
অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধশালী আৰু
প্ৰাণৱন্ত কৰি
জিলিকাই ৰখাত
অসমৰ অভিবাসী
মুছলমানসকলৰ এক গুৰুত্বপূৰ্ণ
অৱদান আছে। নিজৰ মাতৃভাষাক জলাঞ্জলি
দি যিদৰে
অসমীয়া ভাষাক
তেওঁলোকে আকোঁৱালি
ল'লে তেনে
দৃষ্টান্ত ইতিহাসৰ
পাতত বিৰল। ১৮৩৬ চনৰ পৰা
১৮৭২ চনলৈ
বৃটিছসকলে অসমত
অসমীয়া ভাষাৰ
পৰিৱৰ্তে বাংলা
ভাষাৰ প্ৰচলন
কৰে যাৰ
বাবে ১৯৫১
চনলৈকে অসমীয়া
ভাষা সংখ্যালঘুৰ
ভাষা হৈ
থাকিল। ১৯৫১ চনৰ
লোকপিয়লত অভিবাসী
মুছলমানসকলে অসমীয়াভাষী
হিচাবে পৰিচয়
দি বাংলা
ভাষীৰ আগ্ৰাসনৰ
পৰা অসমক
ৰক্ষা কৰিলে। ১৯৫৬ চনত ভাষাৰ
ভিত্তিত ৰাজ্য
পুনৰ গঠনৰ
সময়ত তেওঁলোকে
নামনিৰ ধুবুৰী
আৰু গোৱালপাৰা
জিলাক বংগৰ
লগত চামিল
কৰিব নিদি
অসমী আইৰ
অংগক্ষত হোৱাৰ
পৰা ৰক্ষা
কৰিলে। ১৯৬০ চনৰ
ভাষা আন্দোলনত
সক্রিয় অংশ
গ্ৰহণ কৰি,
১৯৭২ চনৰ
মাধ্যম আন্দোলনত
মোজাম্মিল হক
আৰু ওমৰ
আলী শ্বহীদ
হ’ল। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ
ক্ষেত্ৰতো অভিবাসী
বা চৰ-চাপৰিবাসী মুছলমানসকলে
এক অগ্রণী
ভূমিকা পালন
কৰি আহিছে। এই ক্ষেত্ৰত সংগ্রামী
সাহিত্য-সেৱী এম.ইলিম উদ্দিন
দেৱানৰ নাম
পোনতেই ল'ব লাগিব। তেখেতে আজীৱন অসম
সাহিত্যসভাৰ মজিয়াতে
থাকি ভাষা-সাহিত্যৰ চৰ্চা
কৰি গ'ল।
জন্ম :
১৯৩৭ ইং
চনৰ ১৪
আগষ্টত পূৰ্বৰ
কামৰূপ আৰু
বৰ্তমানৰ বৰপেটা
জিলাৰ চেনিমাৰী
গাঁৱত এম.ইলিম উদ্দিন
দেৱানৰ জন্ম
হয়। তেখেতৰ পিতৃ
স্বভাৱ কবি
নঈম উদ্দিন
দেৱান আৰু
মাতৃ মিছিৰণ
নেছা দেৱান।
শিক্ষা-দীক্ষা
ঃ
তেখেতে চেনিমাৰী
এল.পি.
স্কুল, গোমাফুলবাৰী খাৰেজী মাদ্রাছা,
তাৰাবাৰী স্কুল,
মাজদিয়া এম.ই.
মাদ্ৰাছাত অধ্যয়ন
কৰি ১৯৫৮
চনত চেঙা
হাইস্কুলৰ পৰা
মেট্ৰিক পৰীক্ষা
পাছ কৰে। তাৰপিছত ১৯৫৯ চনৰ
পৰা বৰপেটাৰ
মাধৱ চৌধুৰী
মহাবিদ্যালয়ত স্নাতক
মহলালৈকে অধ্যয়ন
কৰে। ইয়াতেই ক্ষান্ত
নাথাকি প্রাইভেট
হিন্দী-উর্দু বিশাৰদ লৈ
অধ্যয়ন কৰে। মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ
হোষ্টেলত ‘ধৃষ্টতা কাৰ?’
(একাংকিকা নাট),
‘ইতিহাসৰ বা-মাৰলীত সম্রাট
দুহিতা জাহানাৰা’
(সমালোচনা) আৰু ‘মনৰ আকুতি’
গ্ৰন্থ ৰচনা
আৰু প্ৰকাশ
কৰি উলিয়ায়।
কৰ্মজীৱন আৰু
সামাজিক অৱদান
:
এম.
ইলিম উদ্দিন
দেৱানে ১৯৫৫
চনত চেনিমাৰী
আঞ্চলিক ‘সমাজসেৱক যুৱক সমিতি’
প্রতিষ্ঠা কৰে। ১৯৫৬ চনত চেনিমাৰী
জনপ্রিয় লাইব্ৰেৰী,
১৯৬০ চনত
নঈম সোঁৱৰণী
সমিতিৰো প্ৰতিষ্ঠাপক
আছিল। তেখেতে কেইবাটাও
অসমীয়া মাধ্যমৰ
বিদ্যালয় আৰু
পুথিভঁৰাল স্থাপন
কৰি অসমীয়া
ভাষাৰ সুদৃঢ়
গঠনত সহায়
কৰিছিল। সেইবোৰৰ ভিতৰত
১৯৬২ চনত
চেনিমাৰী আজাদ
মেমোৰিয়াল হাইস্কুল,
১৯৮৫ চনত
নঈম একাডেমী
উল্লেখযোগ্য। ১৯৭৯ চনত
তেখেতে নঈম
দেৱান ছোৱালী
এম.ই.
মাদ্ৰাছাৰ বাবে
গৃহভূমি আৰু
প্ৰয়োজনীয় আচবাব
দান কৰিছিল। ১৯৯২-৯৩ ত
বৰপেটা কলা
একাডেমীৰ (অবৈতনিক) উপাধ্যক্ষ আৰু
১৯৯৪-৯৬ চনলৈ ভাৰপ্ৰাপ্ত
অধ্যক্ষ হিচাপে
সেৱা আগবঢ়ায়। তেখেত বৰপেটা প্ৰেছক্লাৱৰ
প্ৰতিষ্ঠাপক উপ
সভাপতিও আছিল। চৰ-চাপৰিৰ সন্তান
হিচাপে প্ৰেছৰ
প্ৰথমগৰাকী ব্যৱসায়ী
নগাঁও জিলাৰ
আলিটাঙনিৰ ওছমান
আলী সদাগৰৰ
পিছতেই আছিল
ইলিম উদ্দিন
দেৱানৰ প্ৰেছৰ
ব্যৱসায়। ১৯৬৬ চনৰ
৯ এপ্ৰিলত বৰপেটাৰ লাৱণ্য
আৰ্ট প্ৰেছটো
ইলিম উদ্দিন
দেৱানে সাত
হাজাৰ টকাৰে
কিনি ‘আজান প্ৰেছ’ নাম দিয়ে; য’ৰ পৰা ‘আজান’ আলোচনীখন প্ৰকাশ পাইছিল।
সাংগঠনিক অৱদান
ঃ
ইলিম উদ্দিন
দেৱানৰ প্ৰচেষ্টাত
চৰ-চাপৰিৰ বিভিন্ন
গাঁৱত সাহিত্য
সভাৰ কেইবাটাও
শাখা স্থাপিত
হৈছিল। সাংগঠনিক কামৰ
ভিতৰত চেনিমাৰী
সাহিত্য সভাৰ
প্ৰতিষ্ঠাপক সভাপতি
(১৯৬৪), বৰপেটা সাহিত্যালোচনা চক্ৰৰ
(১৯৭৬) প্রতিষ্ঠাপক প্রধান সম্পাদক,
বৰপেটা প্ৰেছ
মালিক সন্থা
(১৯৭০) ৰ প্ৰতিষ্ঠাপক সভাপতি,
বৰপেটা সাংবাদিক
সন্থা (১৯৭৪)
ৰ কাৰ্যকৰী সভাপতি, অসম সাহিত্য সভাৰ
এগৰাকী সংগঠক
(১৯৭৭-৭৮), কামৰূপ সাহিত্য
পৰিষদৰ নৱম
বার্ষিক চেনীমাৰী
অধিৱেশনৰ আদৰণি
সমিতিৰ সাধাৰণ
সম্পাদক, কামৰূপ সাহিত্য পৰিষদৰ
মুখপত্র ‘কামৰূপা’ (১৯৮২) ৰ সম্পাদক, বৰপেটা সাহিত্য সভাৰ
উপসভাপতি (১৯৮২-৮৩),
বৰপেটা সাহিত্য
সভাৰ সভাপতি
(১৯৮৪-৮৫), বৰপেটা জিলা
সাহিত্য সভা
(১৯৮৪) ৰ অন্যতম প্রতিষ্ঠাতা,
বৰপেটা জিলা
সাহিত্য সভাৰ
মুখপত্র ‘বৰপীঠ’ (১৯৪৭) ৰ সম্পাদক, বৰপেটা জিলা সাহিত্য
সভাৰ উপ-সভাপতি (১৯৯০-৯১),
বৰপেটা জিলা
সাহিত্য সভাৰ
সভাপতি (১৯৯২-৯৩),
বৰপেটা লেখিকা
সমাৰোহ (১৯৮১) ৰ প্ৰতিষ্ঠাপক উপদেষ্টা, বৰপেটা ৰাভা-জ্যোতি শিল্পী সমাজ
(১৯৭৭) ৰ প্ৰতিষ্ঠাপক সভাপতি,
অসম সাহিত্য
সভাৰ কাৰ্যনিৰ্বাহক
সমিতিৰ সদস্য
(১৯৭৯-৮০, ৮০-৮১,
৮৫-৮৬,
৮৬-৮৭ আৰু
৯২-৯৩),
অসম সাহিত্য
সভাৰ চৰ-চাপৰিৰ সাহিত্য
সন্মিলনৰ বাঘবৰ
অধিৱেশন (১৯৯৭) ৰ পৃষ্ঠপোষক, চেনিমাৰী গাঁৱৰ
শতবর্ষ উদযাপন
সমিতি (২০০০)ৰ সভাপতি, আজাদনগৰ সাহিত্য
সভাৰ (২০০৩) পৃষ্ঠপোষক।
সাহিত্যিক অৱদান
ঃ
এম.
ইলিম উদ্দিম
দেৱানৰ মুঠ
প্রকাশিত গ্রন্থ
৪৩ খন।
ক) ইতিহাস ঃ ইতিহাসৰ বা-মাৰলীত সম্রাট
দুহিতা জাহানাৰা
(১৯৬৩), মতিভ্ৰষ্ট নৱাব চিৰাজ
নে বিকাৰগ্ৰস্ত
ইংৰাজ, পদ্ম পুৰাণত হাছান-হোছাইনৰ কাহিনী,
প্রতিবাদ, স্বাধীনতা সংগ্ৰামত বৰপেটা
মহকুমাৰ সংখ্যালঘু
মুছলমানৰ অৱদান,
ন-অসমীয়া মুছলমানৰ
সাহিত্যচৰ্চা, বৰপেটা
জিলা সাহিত্যসভাৰ
ইতিবৃত্ত, বৰপেটা সাহিত্যসভাৰ ইতিবৃত্ত
(যুটীয়াভাবে) আদি।
খ) আলেখ্য ঃ চৰ-চাপৰিৰ জীৱন
ধাৰা, চৰ-চাপৰিৰ জীৱন
কাহিনী, চৰ-চাপৰিৰ শিক্ষা
সংস্কৃতি আৰু
ৰাজনৈতিক অৱস্থা,
মাঠ-মাটি আৰু
ন-অসমীয়া মুছলমান
সমাজ।
গ) জীৱন আলেখ্য ঃ
মানৱ মুকুট
হজৰত মহম্মদ
(ছাঃ)
(বাজেয়াপ্ত), বিদ্রোহী
কবি কাজী
নজৰুল ইছলাম,
স্বভাৱ কবি
নঈম উদ্দিন
দেৱান, মৌলানা আবুল কালাম
আজাদ, মহাকবি ইকবাল আদি।
ঘ) উপন্যাস ঃ হাৰুণ
মাষ্টৰৰ হিয়াৰ
বেদনা, মনৰ নৱ-দিগন্ত, আলতাব মিঞাৰ দাস্তান।
ঙ) গল্প আৰু সাধু
ঃ অমৰ
শ্বহীদ, আমেনাৰ মনোবল, খোৱাজ খিজিৰৰ সাধু
আদি।
চ) গীত ঃ গীত-মালিকা, গীত মঞ্জুৰি, চেনীমাৰী-গীতিকা, মাৰেফতী গীত।
ছ) ৰম্য ৰচনা : মজাৰ
কিচ্ছা, খোচ গল্প, চাপানী, বে-তালৰ কথা,
বঢ়াই।
জ) গদ্য : আত্ম নিবেদন
কথা,
আত্ম কথন,
আত্ম বিলাপন,
লাক্ষিণী কথা,
শুৱনী চেনিমাৰী
গাঁওখনি।
ঝ) কবিতা ঃ ‘মনৰ আকুতি’ একমাত্র প্রকাশিত কবিতাপুথি।
ঞ) নাট ঃ ধৃষ্টতা
কাৰ?
(একাংকিকা)
ট) স্মৃতিভিত্তিক লেখা ঃ
জীৱন নৈৰ
পাৰে পাৰে,
স্মৃতিৰ জানালা
আদি।
ঠ) তত্ত্ব কথা ঃ
মাৰেফতী জীৱন
সাধনা।
ড)
অভিধান ঃ
প্রচলিত আৰৱী-ফাৰ্চী-উৰ্দ্দু শব্দৰ অসমীয়া
অভিধান (কিয়দাংশ)।
ঢ) জীৱনী ঃ জননেতা
আতাউৰ ৰহমান।
এইবোৰৰ উপৰিও
বে-হিচাবী ইলিমৰ
হিচাপৰ খাতা
(আত্ম কথন),
কাৰবালা (কাব্য), আইৰমাৰীৰ চৰ
(উপন্যাস), স্মৃতিৰ পাপৰি দোলে
(স্মৃতি লেখা),
মহৰমৰ গীত
(স্বৰচিত গীতৰ
সংকলন) আদি উল্লেখযোগ্য।
অপ্রকাশিত গ্রন্থসমূহ
ঃ
লেখক, সাহিত্যিক পেঞ্চনাৰ
ইলিম উদ্দিন
দেৱানৰ অপ্রকাশিত
গ্ৰন্থৰ সংখ্যা
১১৮ খন। তাৰে কিছুমান তলত
দিয়া হ'ল—
ক) সাহিত্য ঃ সংস্কৃতি
(প্ৰৱন্ধ সংকলন)
: সাহিত্য পৰিক্ৰমা,
সমাজ সাহিত্য
সংস্কৃতি, চৰ-চাপৰিৰ লোক
সাহিত্যৰ ৰূপৰেখা, চৰ-চাপৰিৰ লোক
সাহিত্য, চৰ-চাপৰিৰ লোক-সংস্কৃতি, প্রসন্নলাল ঃ নজৰুল আৰু ইকবাল,
কালৰ কলধ্বনি,
যুগৰ জবানবন্ধী,
সোঁৱৰণীৰ মধু-কলশ,
চেতনাৰ ওতানি।
খ) ইতিহাস ঃ ন-অসমীয়া মুছলমানৰ
ইতিবৃত্ত, বৰপেটা লেখিকা সমাৰোহ
সমিতিৰ ইতিবৃত্ত,
বৰপেটা সাহিত্যালোচনাৰ ইতিবৃত্ত,
চেনীমাৰী গাঁৱৰ
ইতিবৃত্ত, নঈম একাডেমীৰ ইতিবৃত্ত,
আজাদ নগৰৰ
ইতিবৃত্ত, কি নাম দি
মাতিম তোমাক?, চৰ-চাপৰিৰ সাহিত্য
আৰু সংস্কৃতি।
গ) শব্দকোষ ঃ শব্দ
ভাণ্ডাৰ : ন-অসমীয়া মুছলমানৰ
শব্দকোষ, চৰ-চাপৰিৰ শব্দ-ভাণ্ডাৰ।
ঘ) খণ্ড কাব্য : আপোনজন
কথা,
ইৰাকৰ মহাৰণ।
ঙ) কবিতা ঃ হিয়াৰ
আকৃতি (সংকলন)।
চ) পদ্য ঃ শায়েৰী ঃ নাম-মালিকা, চেনিমাৰীবাসীৰ নাম-কাম।
ছ) গীত (সংকলন) : গীত
মঞ্জুৰ, ইছলামিক উৎসৱৰ গীত।
জ) গল্প (সংকলন) ঃ
কালচক্র।
ঝ) উপন্যাস ঃ লিখকৰ
পলায়ন (আত্মজীৱনীমূলক), তাৰাবাৰীৰ কৰুণ
বিননি, আইৰমাৰীৰ চৰ,
চৰৱালাৰ ক্ৰন্দন।
ঞ) আলেখ্য ঃ বৈবাহিক
জীৱনৰ মাধুৰী,
চৰ-চাপৰিৰ লোক-জীৱন।
ট) জীৱন আলেখ্য : প্রেমিক
কবি মির্জা
গালিব, জীৱন সংগ্ৰামী নুৰুল
ইছলাম।
ঠ) অৱলোকন ঃ আতাউৰ
ৰহমানক মই
যিদৰে জানিছো,
ফখৰুদ্দিন আলী
আহমেদক যিদৰে
পাইছো, অম্বিকাগিৰী আৰু মোৰ চেতনা,
অসম আন্দোলন
আৰু মোৰ
যাতনা, চৈয়দ আব্দুল মালিক
মানুহজন, সোনপতি দেৱশৰ্মাৰ সান্নিধ্য,
ড° নন্দ তালুকদাৰৰ প্ৰীতি,
অসম সাহিত্য
সভাৰ অধিৱেশন
অনুষ্ঠান আৰু
মোৰ যোগদান,
জিলা সাহিত্য
সভাৰ অধিৱেশন অনুষ্ঠান আৰু মোৰ
যোগদান।
ড) স্মৃতি লেখা ঃ
মন পাপৰি
দোলে (৩য় খণ্ড), প্ৰীতিৰ পৰিমল (৪র্থ খণ্ড), আয়নাৰ প্ৰতিবিম্ব (৫ম
খণ্ড), জানালাৰ দৃষ্টিৰ পথ
(৬ষ্ঠ খণ্ড),
স্মৃতিয়ে আকুল
কৰে
(৭ম খণ্ড),
সন্ধিয়াৰ সুভাষ
(৮ম খণ্ড),
স্মৃতি সুখকৰ
(৯ম খণ্ড),
স্মৃতিৰ কণিকা (১০ম খণ্ড), সান্নিধ্য অহা সভাপতিসকললৈ
শ্ৰদ্ধা অর্ঘ্য,
‘পল্লীকবি’ মোহাম্মদ নবীৰ হুছেইন,
শতবৰ্ষৰ আলোকত ‘শ্ৰীশ্ৰীৰামচন্দ্ৰ দাস’।
ঢ)ৰম্য
ৰচনাঃ-
(‘আজান'ৰ পাতত) ঃ আবোল-তাবোল, মিঞা মনছুৰৰ
পাঁচালী।
ণ) অভিভাষণ : ভাষণ (মুদ্ৰিত) ঃ বৰপেটা সাহিত্য সভাৰ
ৰূপালী জয়ন্তী
অধিৱেশনৰ সভাপতিৰ
অভিভাষণ (১৯৮৫), বৰপেটা জিলা সাহিত্য
সভা অধিবেশনৰ
সভাপতিৰ অভিভাষণ
(১৯৯২), চেনীমাৰী গাঁৱৰ শতবৰ্ষ
উদ্যাপন সমিতিৰ সভাপতিৰ আদৰণি ভাষণ
(২০০০), অসম সাহিত্য সভাৰ
বিশেষ কলগাছিয়া
অধিৱেশনৰ মুখ্য
স্মৃতি তৰ্পৰ্কৰ
ভাষণ (২০০২), দেৱানৰ ভাষণাৱলী (অন্যান্য ভাষণৰ সংকলন)।
ত) প্রতিবেদন (মুদ্রিত)ঃ
অসম সাহিত্য
সভাৰ বৃহত্তৰ
চৰ-চাপৰিৰ সাহিত্য
সন্মিলনৰ আহ্বায়ক
প্রতিবেদন (১৯৯৭), দেৱানৰ প্ৰতিবেদনাৱলী (অন্যান্য
প্রতিবেদন সংকলন)।
থ) চিঠি-পত্ৰ ঃ
দেৱানৰ ‘পত্ৰাৱলী’ (সংকলন), দেৱানৰ শুভেচ্ছাৱলী (সংকলন),
দেৱানৰ ঝুলনা
(সংগ্রহ)।
দ) বিবিধ ঃ ধর্ম
ঃ এক
দেহত লীন
(চিৰাজ গ্ৰন্থৰ
অপ্রকাশিত অংশ)
মানৱ মুকুট
গ্ৰন্থৰ উত্তৰ
খণ্ড (কাফেৰ পৰ্ব), বাদানুবাদ : সংখ্যালঘু মুছলমানৰ অৱদান
(প্রতিবাদ), ‘লিখক জীৱন'ৰ স্মৰণীয় কথা,
ইলিম দেৱানৰ
জীৱনপঞ্জী (পাণ্ডুলিপি), ইলিম
দেৱানৰ গ্ৰন্থপঞ্জী
(পাণ্ডুলিপি), ইলিম
দেৱানৰ ৰচনাৱলীৰ
কেটালগ (পাণ্ডুলিপি), ‘আজান’ৰ ৰচনা সম্ভাৰৰ ‘কেটালগ’ (পাণ্ডুলিপি), পণ্ডিত
আতাউৰ ৰহমানৰ
কলমত লিখক-সাহিত্যিক ইলিম
দেৱান, বহু মহাজনৰ কলমত সাংবাদিক
সাহিত্যিক ইলিম
দেৱান, সাক্ষাৎকাৰত ইলিম দেৱান।
ধ) চৰিতমালা ঃ ‘কবি-বীৰ’
হজৰত আলী
(কঃ),
মহম্মদ ইকবাল,
‘মৌলানা’ আবুল কালাম আজাদ,
‘স্বভাৱ কবি’
নঈম উদ্দিম দেৱান, ‘ৰাষ্ট্ৰপতি’ ড°
জাকিৰ হুছেইন,
‘পঞ্চম ৰাষ্ট্ৰপতি’
ফখৰুদ্দিন আলী
আহমেদ, ‘অধ্যাপক’ হুমায়ুন কবীৰ, ‘পল্লীকবি’ জসীম উদ্দিন, ‘চাৰণ কবি’
গুমানী দেৱান,
‘সন্তকবি’ কবীৰ দাস,
‘দৰবাৰী কবি’
আব্দুৰ ৰহিম
খান,
‘সম্রাট কবি’
বাহাদুৰ শ্বাহ
জাফৰ।
ন) গদ্যমালা ঃ উপাখ্যান
ঃ কাবুলীৰ ভাতখোৱা সাধু,
দৰবেশ আৰু
পাগলৰ সাধু,
ছোহৰাব ৰুক্তমৰ
সাধু, শেখ ফৰিদৰ কিচ্ছা, খলিফা ওমৰ
(ৰঃ)ৰ ন্যায় বিচাৰ, দাস্তানে শ্বহীদ কাৰবালা,
এদিনৰ বাদচাহ
আবু হাছান,
ডাকু নিজাম
আউলীয়া হোৱাৰ বয়ান।
প) দিনলিপি ঃ সাহিত্যিক
এম.
ইলিম উদ্দিন
দেৱানে কলেজীয়া
দিন ১৯৫৯
ৰ পৰা ২০০৫ চনলৈ
ডায়েৰী লিখিছিল। দিনলিপিৰ
বিশেষ বিশেষ
কথা বা
ঘটনাৰ পৰা
দহটা খণ্ড
সংকলন কৰা
হৈছে। সেইবোৰ হিচাপত
ধৰা হোৱা
নাই।
ফ) সম্পাদিত গ্রন্থ ঃ
নঈম দেৱানৰ
স্বভাৱ-কবিতা (সংকলন), মনত লগা অমৰবাণী
(সংকলন)।
নতুন লেখক
জন্ম দিয়াত
অৱদান ঃ
দেৱানেই আছিল
চৰ-চাপৰিৰ প্ৰথম
গৰাকী সাহিত্যিক
যাৰ উদ্যোগত
কুৰি শতিকাৰ
যাঠিৰ দশকত
‘আজান’ আলোচনীয়ে আত্ম
প্রকাশ কৰিছিল। দেৱানে ‘আজান’ আলোচনীখনক সাহিত্যচৰ্চা আৰু
জাতি গঠনৰ
মুখপত্ৰ ৰূপে বিবেচনা কৰিছিল। এই
‘আজান’ৰ ছত্ৰছায়াতে জন্ম
লাভ কৰিছিল
বহুকেইগৰাকী লেখক
লেখিকাই। জীৱনীকাৰ আব্দুছ চামাদে এই সন্দৰ্ভত
কৈছিল, এই ক্ষেত্ৰত ন-অসমীয়া ইলিম
উদ্দিন দেৱানৰ
নাম উল্লেখ
নকৰাটো ভুল
হ’ব। এওঁৰ প্ৰেৰণাত ভালেকেইজন
ন-অসমীয়া পুৰুষ-মহিলাই সাহিত্যচর্চাত
নামিছে। দেৱানৰ ‘আজান' পত্রিকাই এওঁলোকৰ
অনুপ্ৰেৰণাথলী।” (মধ্যবিংশ শতিকাৰ
অসমীয়া সাহিত্য,
১৯৭৪)। আজানৰ পাতত
লিখা-মেলা কৰা লেখকসকলৰ অন্যতম আছিল ছাকিনাখাতুন,
আতাউৰ ৰহমান,
ছামচুল হুদা,
এম.
ইব্রাহীম আলী,
দেৱান আব্দুল
কাদিৰ, আব্দুল হাই, আব্দুল কদ্দুছ, দেৱান আব্দুল হামিদ,
নবীৰ হুছেইন,
ইছমাইল হোছেইন,
ৰিয়াজ উদ্দিন
আহমেদ, আৰফান আলী,
জবেদ আলী,
আবুল খায়েৰ,
আহম্মদ হুছেইন
খান,
ইৰফানুল হক,
আবু ছায়েদ,
ছিৰাজুল হক
ইত্যাদি। আজান আলোচনীখনে ১৯৬৫ চনৰ পৰা
১৯৯০ চনলৈকে
সাময়িক বিৰতিৰ
মাজেৰে হ’লেও সুদীৰ্ঘ
পঁচিশটা বছৰ
অতিক্ৰম কৰিছিল
যাক ‘আজান যুগ’
বুলি অভিহিত
কৰিব পাৰি৷
আৰ্থিক দীনতা
আৰু ‘আজান'
আলোচনী :
ইলিম উদ্দিন
দেৱানে সামাজিক
আৰু আর্থিক
স্বচ্ছলতাৰ কথা
কোনো দিনেই
চিন্তা কৰিব
পৰা নাছিল। মূলধনৰ অভাৱ, লিখনিৰ অভাৱ,
স্বল্প বিক্ৰী
ইত্যাদিৰ মাজেদি
জীৱনৰ মূল্যৱান
সময়খিনিত অশেষ
ত্যাগৰ বলত
‘আজান’ প্রকাশ কৰিছিল।
আলোচনীখন প্ৰকাশ
কৰোতে নিজৰ
ঘৰৰ বস্তু-বাহানি পর্যন্ত
বিক্ৰী কৰিব
লগা হৈছিল। এই সন্দৰ্ভত দেৱানে ডায়েৰীত লিখিছে –
“... আজানৰ বাবে
ঘৰৰ নানানটা
বিক্ৰী কৰি
আনি প্ৰেছত
পাঁচশ টকা
পূৰা কৰা
হৈছে। চিন্তা অলপ
কমিল; কিন্তু আনফালেদি ছাত্ৰ দেৱানৰ
পেটৰ ভাতৰ
কথা বৰকৈ
ভাৱিবলগীয়া হৈছে। মেচ ডিউচ বাকী
পৰিছে। নিজৰ কথা
চিন্তা কৰা প্ৰায়
এৰি দিব
লগীয়া হৈছে। এতিয়া দিনে-ৰাতিয়ে ‘আজান’ৰ বাবে খাটি
তৰণি পোৱা
নাই।”
দেৱানৰ আৰ্থিক
দীনতা আৰু
ত্যাগৰ কথা
নিৰুপমা বৰগোহাঞিয়ে
লিখিছে—
“মোক বহুতে
ক’লে যে
শ্ৰীদেৱানে এটা
জাতীয় সাধনাত
এনেকৈ নিমগ্ন
হৈ আহিছে
যে তাৰ
বাবে নিজৰ
পৰিয়ালৰ সুখ-স্বাচ্ছন্দ্যকো উলাই
কৰিছে।”
(নীলাচল,
১০ অক্টোবৰ,
১৯৭৮)
তিক্ত অভিজ্ঞতা আৰু সাহিত্য সাধনা
:
বিভিন্ন ধৰণৰ
মামলা-মোকদমা, মৰা-মৰি,
খুনা-খুনি, চুৰি-ডকাইতি, কু-সংস্কাৰ, অন্ধবিশ্বাস ইত্যাদি চৰ-চাপৰিবাসীৰ মাজত আগৰে
পৰাই বিৰাজমান। যিসকল শিক্ষিত ব্যক্তি
আছে,
তাৰ বেছিভাগেই
আত্মকেন্দ্ৰিক মনোভাৱী,
চকু-চৰহা স্বভাৱৰ। এনেকুৱা পৰিপ্ৰেক্ষিতত
দেৱানে বসবাস
কৰা সমাজখনৰ
পৰা
‘আজান’ৰ প্ৰকাশ আৰু
বিক্ৰীৰ ক্ষেত্ৰত
বিশেষ সহায়-সহযোগিতা পোৱা নাছিল৷
‘আজান’ প্ৰকাশৰ কালছোৱাত ইলিম
উদ্দিন দেৱানে
আর্থিক অনাটনৰ
লগতে বিভিন্নজনৰ পৰা কটু সমালোচনাৰে
তিক্ত হৈ
পৰিছিল। নিজৰ ডায়েৰীত
এইদৰে লিখিছে—
শত বাধা-বিঘিনিক কাতি
কৰি থৈ
কত ঈৰ্ষা
আৰু দ্বেষক
বুকুত সাৱটি
লৈ আৰু
লগতে বহু
কটু সমালোচনাত জ্বলা-কলা হৈ
‘আজানে’ এয়া তৃতীয় বছৰত
ভৰি দিলে।
...যিখন সমাজৰ
আশা-আকাঙ্খা আৰু
বেদনাক মূৰ্ত
ৰূপ দিবলৈ অপূৰণীয় ক্ষতি আৰু
অক্লান্ত পৰিশ্ৰমেৰে
‘আজান’ক জীয়াই ৰখাৰ
সাধনা কৰা
হৈ আছে—
সেই সমাজৰ
তৰফৰ পৰা উপলব্ধি আৰু পর্যাপ্ত
পৰিমাণৰ সহায়-সহানুভূতি আৰু
সহযোগ নাই
পোৱা এথোন।”
এম.
ইলিম উদ্দিন
দেৱানে উগ্র
মৌলবাদীসকলৰ শাৰীৰিক
আক্ৰমণৰ সন্মুখীন
হ’ব লগা হৈছিল। ১৯৭৪ চনত
ৰচনা কৰা
‘মানৱ মুকুট
হজৰত মহম্মদ
(ছঃ)
নামৰ গ্ৰন্থখনৰ
বাবে এচাম
উগ্র মৌলবাদীয়ে
তেওঁক মচজিদৰ
ভিতৰলৈ মাতি নি খুঁটিৰ সৈতে
বান্ধি তেওঁৰ
ডিঙি চেপি
ধৰিছিল। ধর্মান্ধসকলে এইখিনিতে
ক্ষান্ত নাথাকি
সামাজিকভাবে তেওঁক বহিষ্কাৰ কৰিছিল। এনেদৰে তেওঁ
উগ্র মৌলবাদীৰ
দ্বাৰা নির্যাতিত
হৈছিল অথচ
তেওঁ সেই
সমাজখনৰ বিকাশৰ
হকেই কাম কৰিছিল।
এম.
ইলিম উদ্দিন
দেৱানে ১৯৯৩
চনৰ আগষ্ট
মাহৰ পৰা
অসম চৰকাৰৰ
দ্বাৰা ‘সাহিত্যিক পেঞ্চন’ লাভ কৰে। দেৱানেই আছিল চৰ-চাপৰিবাসী মুছলমান
সাহিত্যিকসকলৰ ভিতৰত
প্ৰথম গৰাকী
‘সাহিত্যিক পেঞ্চনাৰ’। ২০০৬ চনৰ ১৩ ডিচেম্বৰ
তাৰিখত ৰাতিপুৱা
৯ বাজি ১৫ মিনিটত
এই গৰাকী
সাহিত্যিকে ইহলীলা
সম্বৰণ কৰে। তেখেতৰ মৃত্যু অসমীয়া ভাষা-সাহিত্যৰ বাবে
অপূৰণীয় ক্ষতি।•
: : :
কিম্বদন্তি
পুৰুষ কালু
খান
*মীৰ জুব্বাৰ হুছেইন
বাংলীপাৰা, জনীয়া
জন্ম : ১৯০৩
ইং মৃত্যু
ঃ ১৯৬৩
ইং
অখণ্ড ভাৰতৰ
পূৰ্ব বঙ্গৰ
মৈমন সিং
জিলাৰ ‘কালিহাতী’ থানাৰ বানিয়াৰা
গাঁৱত ১৯০৩
চনত তেওঁৰ
জন্ম হয়। তেখেতৰ
পিতৃৰ নাম
আছিল মনছব
খান আৰু
মাতৃৰ নাম
আছিল কুলছুম
বিবি।
পূর্ব বঙ্গত
মনছব খানৰ
অৰ্থনৈতিক অৱস্থা
তেনেই শোচনীয়
আছিল। কৃষি শ্রমিক
হিচাপে জীৱন
নিৰ্বাহ কৰিছিল মনছব খানে। বৰপুত্ৰ কদ্দুছ
খানৰ ৮
বছৰ বয়স
আৰু তেতিয়া
কালু খান
কুলছুম বিবিৰ
গৰ্ভত এমহীয়া
ভ্রুণ। সংসাৰলৈ নামি আহিল
মৃত্যুৰ কাল
ধুমুহা, অকালতে ইহলীলা ত্যাগ
কৰিলে মনছব
খান,
ঘৰৰ একমাত্ৰ
উপাৰ্জন কৰা
ব্যক্তি। অকস্মাৎ স্বামীৰ মৃত্যুত
দিশহাৰা হৈ
পৰিল কুলছুম
বিবি। বৰপুত্ৰ কদ্দুছখান
গাঁওৰ পাঠশালাত
দ্বিতীয় শ্ৰেণীলৈ
পঢ়া-শুনা কৰি থকা
সময়ত পিতৃৰ
অকাল বিয়োগত
লোকৰ ঘৰত
শ্রমিক হিচাপে
কাম কৰিবলৈ
আৰম্ভ কৰিলে। মাক কুলছুম বিবিয়ে ধান
কিনি চাউল
বনাই বিক্ৰী
কৰি সংসাৰ
চলাবলৈ ধৰিলে। এনেকুৱা দুখ-কষ্ট, বেদনাৰ বোজা মূৰত
লৈ পৃথিৱীত ভূমিষ্ঠ
হ’ল
‘কালু খান’ৰ। মাকে চাউল
বিক্ৰী কৰি
কোনোমতে পোহপাল
দি আছিল
দুই সন্তানক,
তাকো সহ্য কৰিব নোৱাৰিলে নেদেখাজনে। ১৯১৩ চনৰ কালৰূপী
বানপানীয়ে পূর্ববঙ্গৰ
কালিহাতী এলেকাত
কৃষিজাত সামগ্ৰীৰ ব্যাপক অনিষ্ট কৰে,
নামি আহে
কালু খানৰ
পৰিয়াললৈ ভৰ
অমানিশা। নিষ্ঠুৰ নিয়তিৰ
খেলত দিশহাৰা
কুলছুম বিবিয়ে উপায় নাপায় দুই
পুত্র কদ্দুছ
খান আৰু
কালুখানক লৈ
নিয়তিৰ ওচৰত
হাৰ নামানি
ভাগ্যৰ সন্ধানত
১৯১৩ চনৰ
শেষৰ ভাগত অসমৰ
বৰপেটা মহকুমাৰ
বাংলীপাৰা (ভেদেলি) গাঁওত বুজৰগ
আলী মুন্সীৰ
ঘৰত আশ্রয়
লয়। সম্পর্কত কুলছুম বিবিৰ
জোৱায়েক বুজৰগ
আলীয়ে আশ্রয়
দি দুই
পুত্ৰ কদ্দুছ
খান আৰু
কালু খানক
মানুহৰ ঘৰত
শ্রমিক হিচাপে কামত লগাই দিয়ে। বৰ পুত্ৰ কদ্দুছ
খান অলপ
পঢ়া-শুনা আৰু চোকা
বুদ্ধিৰ ফলত
সৰু সুৰা
ব্যৱসায় কৰিবলৈ
ধৰিলে আৰু কিছু
টকা পইচাও
জমা কৰিলে।
১৯৩৯ চনত
দেশব্যাপী দ্বিতীয়
বিশ্বযুদ্ধৰ সূচনা
হোৱাত বৃটিচ
চৰকাৰে সৈন্য
বাহিনীৰ খাদ্য
ঔষধ সৰবৰাহৰ
বাবে সৰভোগৰ কামাৰপাৰাত
বিমানঘাটিৰ নিৰ্মাণৰ
শ্ৰমিক খটোৱাৰ
ঠিকা লৈ
কদ্দুচ খানে
ভালেখিনি লাভৱান
হয়। তাৰে পৰা আৰম্ভ হ’ল কদ্দুছ খান আৰু
কালুখানৰ জীৱনৰ
অন্য এক
যাত্রা। পৰিৱৰ্তন হৈ
গ'ল জীৱনশৈলী। খান ভাতৃ দ্বয়ৰ
বুদ্ধি, একাগ্ৰতা আৰু
ভাগ্যৰ বলত
বৰপেটা চহৰকে
ধৰি বিভিন্ন
ঠাইত প্রায়
২০০০ (দুহেজাৰ) বিঘা মাটি
ক্রয় কৰিলে। বাংলীপাৰাত
গড় দিলে
ৰাজঅট্টালিকা। বনুৱা শ্ৰমিকৰ
পৰা চাহাবী
ৰাজকীয় ৰূপ
ল’লে কদ্দুছখান
আৰু কালুখান। পিছে কদ্দুছখান ক্ৰমে বৰপেটা
লোকেল বোৰ্ডৰ
সদস্য আৰু
গোৱালপাৰা পূৱ
সমষ্টিৰ পৰা
বিধায়ক হয়। কিন্তু বিধিৰ বিধান ৰাজনৈতিক মেৰপেছত পৰি
নামনি অসমৰ
বিখ্যাত মুছলিম
লিগৰ নেতা
নিজৰ জীৱন
ৰক্ষাৰ্থে নিজৰ
কষ্ট উপার্জিত প্রায় দুহেজাৰ বিঘা
মাটি, সম্পত্তিৰ স্বত্বাধিকাৰী সৰু
ভায়েক কালুখানক
গতাই দি
১৯৫০ চনত
পূর্ব পাকিস্তানলৈ
পলাই গুচি যায়
কদ্দুচ খান।
ইয়াৰ লগে
লগে কালুখান
চাহাব হৈ
পৰে এই
অকল্পনীয় ধন
সম্পত্তিৰ একছত্ৰী
সম্রাট। দিন যোৱাৰ
লগে লগে কালুখান ধন বল
বুদ্ধিৰে গঢ়
দিলে বিশাল
সাম্ৰাজ্যৰ। সাজিলে প্রায়
১৫ বিঘা
ব্যাসাৰ্ধৰ ৰাজপ্রাসাদ
মম মহল। অঞ্চলবাসীৰ
সুখ-দুখৰ সমভাগী
হোৱাৰ মানসিকতাৰে
সমাজৰ হীতাৰ্থে
কাম কৰি
গৈ থাকিল। গঢ় লৈ উঠিল
এক সুদক্ষ পঞ্চায়তী
বিচাৰক হিচাপে। প্রাসাদ মম মহলৰ
এটি ডাঙৰ
হল ঘৰত
প্ৰতিদিনে দৰবাৰ
পাতি এলেকাৰ
বিভিন্ন কাজিয়া পেচাল
মীমাংসা কৰিছিল। তদানীন্তন প্রশাসনে তেওঁক
জুৰিৰ হাকিম
হিচাপেও মনোনীত
কৰিছিল। ইফালে ভূতপূৰ্ব ৰাষ্ট্ৰপতি
ফখৰুদ্দিন আলী
আহমেদ আৰু
জননেতা আতাউৰ
ৰহমানৰ সহযোগত
ভাৰতীয় জাতীয়
কংগ্ৰেছত যোগদান কৰে
আৰু মৃত্যুৰ
সময়লৈ কংগ্ৰেছৰ
এজন একনিষ্ঠ
নেতা হিচাপে
নিজৰ দায়িত্ব
পালন কৰি
যায়। তাৰে ফলস্বৰূপে ১৯৫৮
চনত গুৱাহাটীত
অনুষ্ঠিত কংগ্ৰেছ
মহাসভাৰ অভ্যর্থনা
সমিতিৰ কাৰ্যকৰী
সদস্য আছিল
আৰু নিজৰ দায়িত্ব সুচাৰুৰূপে পালন
কৰিছিল। ঘোঁৰা চলাই
ভাল পোৱা
কালুখান চাহাবে
এটা সময়ত
বাংলীপাৰা গাঁওৰ
পৰা বৰপেটালৈ নিজৰ
মাটিৰ ওপৰেৰে
যাতায়ত কৰিছিল। কালুখান চাহাব এজন
ভাল চিকাৰীও
আছিল, বহু সময়ত হাবি- জংঘলত চিকাৰ কৰা
বুলি মানুহৰ
মুখত শুনা
যায়।
১৯৫২ চনত
কালুখান চাহাবে
মন্দিয়া পঞ্চায়তৰ
উপ-সভাপতি হিচাপে
নির্বাচিত হৈছিল
আৰু তদানিন্তন
উক্ত পঞ্চায়তত সভাপতি
আছিল জননেতা
আতাউৰ ৰহমান। কংগ্ৰেছ নেতা আতাউৰ
ৰহমান আৰু
ফখৰুদ্দিন আলী আহমেদৰ লগত ভাল
সম্পর্ক থকাৰ
কাৰণে এসময়ত
পশ্চিম বৰপেটাত
ভালে সংখ্যক
সামাজিক কাম
কৰিছিল। নিজৰ বলিষ্ঠ পদক্ষেপেৰে
জনীয়া হাইস্কুলখন
নিজ ঘৰতেই
আৰম্ভ কৰি
পৰৱৰ্তী সময়ত
জনীয়াত স্থানান্তৰ
কৰায়। নিজে অশিক্ষিত হোৱা
সত্ত্বেও জনীয়া
ৰাজ্যিক চিকিৎসালয়,
পোষ্ট অফিচ,
১৮১ নং
বাংলীপাৰা প্ৰাথমিক
বিদ্যালয়, কলগাছিয়া উন্নয়ন খণ্ড, চিকিৎসালয় আদিকে ধৰি
এই বৃহত্তৰ
এলেকাৰ বিভিন্ন
অনুষ্ঠান-প্রতিষ্ঠানৰো উদ্যোক্তা আছিল। নিজে নিৰক্ষৰ হ'লেও এজন
শিক্ষানুৰাগী ব্যক্তি
আছিল।
একেবাৰে দুখীয়া
অৱস্থাত ককায়েক
আৰু মাতৃৰ
লগত অসমলৈ
প্ৰব্ৰজন কৰা
কালুখান চাহাবে
বাংলীপাৰা তথা বিভিন্ন স্থানত প্রায়
২০০০ (দুহেজাৰ) বিঘা মাটিৰ
জমিদাৰীৰ গৰাকী
হোৱাৰ উপৰিও
বৰপেটা চহৰ,
গুৱাহাটী চহৰ, শ্বিলং, শিলিগুৰি, দার্জিলিং আদি বিভিন্ন
ঠাইত ঘৰ
সম্পত্তি স্থাপন
কৰি এক
ৰাজকীয় জীৱন
অতিবাহিত কৰিছিল। কেইবাবাৰো
বিবাহপাশত আৱদ্ধ
হৈ সৰ্বমুঠ
৭ জন পুত্ৰৰ লগত
১১ গৰাকী
কন্যা সন্তানৰ
ভৰপুৰ সংসাৰ
আছিল। ৰাজকীয় জীৱনলৈ হঠাৎ
নামি আহিল
কাল ধুমুহা। ১৯৬৩ চনৰ জুন
মাহৰ ৩
তাৰিখে নামি
আহিল এই
কিংবদন্তি পুৰুষৰ জীৱনলৈ
অমানিশা। ধনী-দুখীয়া, উচ্চ-নীচ,
ডেকা-বৃদ্ধ সকলোৰে বাবে
চিন্তা কৰা
এই মহান
ব্যক্তিৰ বুকু
ভেদি গ’ল বন্দুকৰ গুলীয়ে। ৰাতি ১১
বজাত, বাংলীপাৰা উত্তৰত কোনো
বিচাৰ নিস্পত্তি
কৰি আহি
আছিল সতীৰ্থহঁতৰ লগত, ৰাস্তাত অপেক্ষা
কৰিছিল মৃত্যুয়ে,
হয় বাঘৰ
মৃত্যু হ’ল কেইবা জাই গুলীয়ে
আঘাত কৰিলে
মূৰে বুকুৱে,
চিৰদিনৰ বাবে নিস্তব্ধ
হৈ গ'ল মহান আত্মা। চাৰিওফালে হুৱাদুৱা
লাগিল, বন্দুকধাৰী পলাতক।
অমানিশা নামি
আহিল পৰিয়াললৈ
ডাঙৰ ল’ৰা বাছেদ
খান তেতিয়া
বয়স মাত্র
১৪-১৫ বছৰ। কোনো ইংৰাজী মিদিয়াম স্কুলত
পঢ়া অৱস্থা,
বাকী কেইজন
তেনেই সৰু
সৰু,
তাচপাতৰ দৰে
খহি পৰিল
আশা আকাঙ্খা
সপোনবোৰ। সুযোগ্য মানুহৰ অভাৱত
মাটি জমিন
কিছু মানুহে
দখল কৰিলে,
কিছু চৰকাৰে
লৈ ল’লে। কপাহৰ দৰে
উৰি গ'ল জমিদাৰী। সু-সন্তানৰ জীৱনলৈ
নামি আহিল
ঘোৰ অমানিশা। নানা কষ্ট কাঠিন্যৰ
মাজেৰে দিন
অতিবাহিত কৰা
কালুখান ডাঙৰীয়াৰ দুই
সুযোগ্য পুত্ৰ
ক্ৰমে ছত্তৰ
খান-ছৈয়দ খানে
নিজৰ পিতৃৰ
স্মৃতি স্বৰূপ
বৰপেটা চহৰত
মুছলিমপট্টিত ‘কালুখান কমপ্লেক্স’
নামেৰে বাণিজ্য
কেন্দ্ৰ স্থাপন
কৰি বৰ্তমান
দুয়োজনৰে সুচল
অৱস্থা। মাজৰজন হাশেম
খানৰ সন্তান এৰশ্বাদ খান বর্তমান
প্রতিষ্ঠিত ব্যৱসায়ী। ডাঙৰ জন ল’ৰা বাছেদ
খান দুৰাৰোগ্যত
মৃত্যু বৰণ
কৰিলে। সৰু ল’ৰা ছৈয়দ খানৰ একমাত্ৰ পুত্ৰ
‘ইমৰান খান’
দাদা কালুখানৰ
পদাংক অনুকৰণেৰে
এজন প্রতিষ্ঠিত
ৰাজনীতিবিদ, কংগ্ৰেছ
দলৰ জিলা ভিত্তিত নেতা ৰূপে
নিজকে প্ৰতিষ্ঠা
কৰিবলৈ সক্ষম
হৈছে, আৰু দাদা কালুখানৰ
নামত নানা
অনুষ্ঠান-প্রতিষ্ঠানত দান-বৰঙণি দিয়াও
পৰিলক্ষিত হয়।•
: : :
স্বাধীনতা সংগ্রামী শ্রীযুত ঠগী বৰুৱাদেৱ
* বিশ্বজিত সূত
বালিজান, বিশ্বনাথ
বিশ্বনাথ জিলাৰ
চতিয়াৰ পৰা
উত্তৰ দিশত
অৱস্থিত বালিজান
গাঁও। বালিজান গাঁৱৰে
৯৬ বছৰ
বয়সীয়া এগৰাকীবয়োবৃদ্ধ ব্যক্তি তথা স্বাধীনতা
সংগ্রামী মাননীয়
শ্ৰীযুত ঠগী
বৰুৱাদেৱ। ঠগী বৰুৱাদেৱৰ
জন্ম হৈছিল
জামুগুৰি কাঠচুক গাঁৱত ১৯২২ চনত। ১৯৫৮ চনত তেওঁ
বালিজান গাঁৱলৈ
আহিছিল। বর্তমান তেখেত
বালিজান গাঁৱৰ
স্থায়ী বাসিন্দা। জামুগুৰিৰ
গেৰেকী এল.পি.
স্কুলত শৈক্ষিক
জীৱনৰ প্ৰথম
পাতনি মেলিছিল। ১৯৪২ চনত ষষ্ঠ
শ্রেণীত তেওঁ
নাম লগাইছিল। ৪২ ৰ
আন্দোলনত ঘৰ-দুৱাৰ পুৰি
পেলোৱাত আৰু
তেওঁৰ শিক্ষা
লোৱা নহ’ল। খেতি-বাতি কৰা,
কাঠমিস্ত্রী কৰা,
পকা মিস্ত্রী
কৰা আদিবোৰ
আছিল তেখেতৰ
জীৱনৰ ডাঙৰ
অভিজ্ঞতা। ১৯৬৮ চনত
তেখেতে অসমক
প্রতিনিধিত্ব কৰি দিল্লীত
বিহু মাৰিবলৈ
গৈছিল। সেই সময়ত
তেখেত আৰু
লগৰ সহপাঠীসকল
জামুগুৰীৰ পৰা
গুৱাহাটীলৈ বাছত, গুৱাহাটীৰ পৰা কলিকতালৈ
আৰু কলিকতাৰ
পৰা দিল্লীলৈ
ৰেলত গৈছিল। তেখেতৰ লগত দলটোত
আছিল ঢুলীয়া হিচাপে জামুগুৰি পাতলৰ
চুকৰ ওজা
তোলন কাকতি
আৰু দোলন। পেঁপাবাদক হিচাপে শলগুৰিৰ
হৰি বৰা,
গায়ক হিচাপে মাধৱৰ
ৰুদ্ৰ ফুকন
আছিল। নাচনিৰ দলটোত
আছিল পাতলৰ
চুকৰ কনকা
কটকী, মাধৱৰ নিৰ্মলা ফুকন, কলিয়াবৰ ডলাগুৰি সত্ৰৰ
মাধুৰী গোস্বামী
আৰু তেওঁৰে
ভনীয়েক পূর্ণিমা। শিৱসাগৰৰ দুগৰাকী নাচনীও
আছিল। দিকৰাইৰ দেৱ মণ্ডল
আৰু পাতলৰ
চুকৰ পূৰ্ণ
বৰাও তেখেতৰ
দলটোত আছিল। তেখেতৰ এই বিহু
দলটোক প্রতিনিধিত্ব কৰিছিল ৰুদ্ৰ বৰুৱাদেৱে। তেখেতে জনসংযোগ বিভাগত
চাকৰি কৰিছিল। কলিকতাত তেখেতৰ দলটোৱে
আসাম হাউচত থাকি
দিল্লীলৈ গৈছিল। তাত তেখেতসকল এমাহকাল
আছিল। তেখেতে নতুন
জেগা, থকা মেলাৰ ভাল সুবিধা, পহৰাৰ মাজত
আছিল কাৰণে
অত্যন্ত ভাল
পাইছিল। তেখেতসকলক ৬/৭ ফুটমান ওখ এজন
কমাণ্ডোৱে পহৰা দিছিল।
তেখেতসকল দিল্লীৰ
তালসাতোৰা গার্ডেনত
আছিল। তেখেতসকলে তাত
হুমায়ুনৰ কবৰ,
লালকিল্লা, জন্ত- মন্তৰ, ইণ্ডিয়া গেট
আদি পৰিদৰ্শন
কৰিছিল। তাত থাকোতে
লগত যোৱা
এগৰাকী নাচনীৰ
অসুখ হোৱাত
চাবলৈ আশা থকা তাজমহল চাবলৈ
নাপালে। বেমাৰৰ বাবে
তেখেতসকল তাত
এমাহকাল থাকিবলগীয়া
হ'ল। তেখেতসকলে দিল্লীত গৈ
মোগল গাৰ্ডেনত
ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ
প্ৰসাদ, আনন্দ ভৱনত জৱাহৰলাল
নেহৰুক লগ
পাইছিল। নেহেৰুক দলটোৱে জাপি
পিন্ধাইছিল আৰু
হাতযোৰ কৰি
সন্মান জনাইছিল। নেহেৰুৱে হাতযোৰ কৰি
তেখেতসকলক সম্ভাষণ জনায়।
মোগল গার্ডেন
আৰু আনন্দ
দুয়ো ঠাইতে
তেখেতসকলক চাহ-মিঠাইৰে আপ্যায়ন
কৰিছিল। আনন্দ ভৱনত জৱাহৰলাল
নেহেৰুৰ জীয়াৰী
ইন্দিৰা গান্ধীকো
তেখেতসকলে লগ
পাইছিল। তাই তেখেতসকলৰ
লগত বিহু নাচিছিল।
দিল্লীত গৈ
তেখেতসকলে প্ৰতিৰক্ষা
মন্ত্ৰী কৃষ্ণ
মেননকো লগ
পাইছিল। সকলোৰে বহুত
ভাল লাগিছিল। তেখেতসকলৰ
এই ভ্ৰমণচোৱাত
এক সুন্দৰ
অভিজ্ঞতা হৈছিল।
তেখেত মূলত
এগৰাকী স্বাধীনতা
সংগ্রামী আছিল। স্বাধীনতা সংগ্রামী হিচাপে
তেখেত আজিও
উপেক্ষিত। ভাৰত স্বাধীন হোৱাৰ
সময়ত স্বাধীনতা
আন্দোলনৰ লগত
তেখেত ওতঃপ্রোতভাবে
জড়িত আছিল। তেখেতৰ তেতিয়া বয়স আছিল ২২-২৩ বছৰ। চতিয়া, জামুগুৰি, মৰণাকুৰি আদি বিভিন্ন
ঠাইৰ লোক
তেখেতৰ লগত
আছিল। আন্দোলনৰ সময়ছোৱাতে তেখেতে
মহাত্মা গান্ধী,
কনকলতা, বিষ্ণুৰাভা, প্রধানমন্ত্রী মোৰাৰজী
দেশাই, বিট্ৰিছ বিষয়া আদিক
লগ পাইছিল। তেখেতসকলে বিভিন্ন
ঠাইত মিটিং
পাতি ঘূৰি
ফুৰিছিল, য’তে-ত’তে আত্মৰক্ষাৰ
বাবে লুকাই
ফুৰিছিল। বিভিন্ন ঠাইত ঘূৰি
ফুৰি ৰাইজৰ
স্বাৰ্থত কাম
কৰিব বিচাৰিছিল। স্বাধীনতা দিৱসো তেখেতসকলে
উদযাপন কৰিছিল। স্বাধীনতাৰ বাবে তেখেতসকলে বিভিন্নজনক
লৈ শান্তি
বাহিনী গঠন
কৰিছিল আৰু
কামাণ্ডাৰসকলৰ লগত
যোগ দি
বিভিন্ন কামত মনোনিৱেশ কৰিছিল। বিভিন্ন ঘাত-প্রতিঘাতকো নেওচি
তেখেতসকলে স্বাধীনতাৰ
বাবে কাম
কৰিছিল।
মাননীয় ঠগী
বৰুৱাদেৱ অকল
স্বাধীনতা সংগ্রামীয়েই
নাছিল। তেখেত এগৰাকী
ভাল শিল্পীও
আছিল। তেখেত গান গোৱা, অভিনয় কৰা,
বাদ্য বজোৱাতো
আগ্রহী আছিল। ভাওনাত তেখেতে শকুনি,
বিদূৰ, সঞ্জয় আদিৰ ভাওত
সুন্দৰকৈ অভিনয় কৰিছিল। বাঁহী, খোল,
তাল,
হার্মনিয়াম, তবলা,
ড্রাম, বেনপাৰ্টীৰ ছেট আদি
বজাব জানিছিল। সেই সময়ত বিহুক অশ্লীল
বুলি আখ্যা
দিয়াত তেখেতৰ
ঢোল শিকা
নহ'ল। বাদ্যযন্ত্ৰৰ তেখেত
মাষ্টৰো আছিল। তেখেতক চতিয়াৰ ৰবীন শইকীয়াৰ
খুৰাক কলিকতাত
শিকি অহা
গোলোক শইকীয়াই শিকাইছিল। জামুগুৰিত তেখেতসকলৰ সমূহীয়াভাবে তৰুণ পাৰ্টী বুলি
এটা যাত্রা
পাৰ্টীও আছিল। সকলো জামুগুৰিৰ পৰা
বিভিন্ন ঠাইলৈ
স্থানান্তৰিত হোৱাত
সেই পাৰ্টীটো আধাতে মৰহি গ'ল। পাছত আৰু
ইয়াৰ ওপৰত
একো কৰা
নহ'ল।
ঠগী বৰুৱাদেৱে
জামুগুৰিৰ সেই
পুৰণি জন্মস্থান
কাঠচুক গাঁৱৰ
পৰাই বালিকা
বৰুৱাক বিয়া
কৰাইছিল। তেখেতৰ এগৰাকী পুত্ৰ
আৰু তিনিগৰাকী
কন্যা। এতিয়া তেখেতৰ
পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ এক
সুখী পৰিয়াল। এই
বালিজান গাঁওখন
সুখ-শান্তি, ভ্রাতৃবোধ, মিলাপ্ৰীতিৰ এনাজৰীডাল
টনকিয়াল হৈ
থকা এখন
সুন্দৰ গাঁও। ইয়াৰ পৰিৱেশ অতি মনোমোহা। এই গাঁৱৰ চাৰিওফালে
অসমীয়া, বড়ো, আদিবাসী আদি
বিভিন্ন জনগোষ্ঠীৰে
ভৰপূৰ হৈ আছে।
ইয়াত চাহ
খেতি, ধান খেতি আৰু
বিভিন্ন ধৰণৰ
শাক-পাচলি, শস্যৰে ভৰপূৰ। ইয়াত দৰিদ্ৰলোকৰ
সংখ্যা অধিক। এই ঠাইখনৰ
মানুহৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাটৰ অৱস্থা
অধিক শোচনীয়।
যোৱা বৰ্ষত
৭১ তম্
স্বাধীনতা দিৱসৰ
লগত সংগতি
ৰাখি আমি
বালিজান যুৱক
সংঘই মাননীয়
শ্রীযুত ঠগী বৰুৱাদেৱক সম্বৰ্দ্ধনা জনাই
এখন অন্তৰংগ
আলাপ অনুষ্ঠানৰ
আয়োজন কৰিছিলো। বালিজান যুৱক সংঘৰ
সম্পাদক হিমাংশু বৰাই
আঁত ধৰা
এই অন্তৰংগ
আলাপ অনুষ্ঠানটোত
তেখেতক সম্বৰ্দ্ধনা
জ্ঞাপন কৰে
সংঘৰ সভাপতি
বিশ্বজিৎ সূতে। অর্থাৎ মই
সম্বৰ্দ্ধনা জ্ঞাপন
কৰো। এই অনুষ্ঠানটোত
উপস্থিত আছিল
বালিজান গাঁও
উন্নয়ন সমিতিৰ
সম্পাদককে প্রমুখ্য কৰি
গাঁৱৰ বহুকেইজন
গণ্যমান্য ব্যক্তি,
আইসকল, যুৱক-যুৱতী আৰু
শিশুসকল। তেখেতক বিভিন্নজন
লোকে তেখেতৰ স্বাধীনতা
সংগ্ৰাম আৰু
জীৱনৰ ওপৰত
বিভিন্ন ধৰণৰ
প্রশ্ন অৱতাৰণা
কৰে আৰু
তেখেতে ইয়াৰ
উত্তৰ দিয়ে। প্রায়
২ ঘণ্টা যোৰা এই
অনুষ্ঠানত তেখেতে
তেখেতৰ জীৱনৰ
স্মৃতি ৰোমন্থন
কৰি দুখত
ভাগি পৰে
আৰু চকুলো
টুকি- টুকি আলাপত
মিলিত হয়।
বৰুৱাদেৱে ভৱিষ্যৎ
প্ৰজন্মক নিজৰ
কৰ্ম কৰি
যাবলৈ অনুৰোধ
জনাই স্বাধীনতা
দিৱস প্ৰতি
বছৰে উদ্যাপন কৰি যাবলৈ অনুৰোধ জনায়। সেই অনুষ্ঠানটোত তেখেতে
শেষত ভাওনাৰ
ওপৰত দু-আষাৰ কৈ
দেশপ্রেমমূলক দুটি
গীত গাই নিজেও
শিশুসকলৰ পৰা
ড°
ভূপেন হাজৰিকাদেৱৰ
মানুহে মানুহৰ
বাবে গীতটি
উপভোগ কৰি
তেখেতক গাঁৱৰ যুৱক সংঘই সম্বৰ্দ্ধনা
জনোৱাৰ বাবে
ধন্যবাদ জ্ঞাপন
কৰি সকলোকে
মিলাপ্ৰীতিৰে থাকিবলৈ
অনুৰোধ জনায়।
বালিজান গাঁৱৰ
এই গৰাকী
স্বাধীনতা সংগ্রামী
আজিও উপেক্ষিত
হৈ ৰ'ল। তেখেত আজিলৈকে
কোনো অনুষ্ঠান, সংগঠন, চৰকাৰ আদিৰ
পৰা একো
সন্মান তথা
স্বীকৃতি নাপালে। ৯৬ বছৰ বয়সতো
তেখেত আজি
মহীয়ান হৈ
আছে কিন্তু আমি
কোনেও তেখেতৰ
বিষয়ে নাজানো। বালিজান গাঁৱৰ তেখেত
এগৰাকী গৌৰৱৰ
পাত্ৰ। আজিও তেখেত উপেক্ষিত হৈয়ে ৰ'বনে?
এই সময়তে
তেখেতে অকণমান
স্বীকৃতি আৰু
জীৱনৰ মূল্য
নাপাবনে? আচলতে সেয়া তেখেতৰ প্ৰাপ্য। স্থানীয় বিধায়ক আৰু
চৰকাৰক ইয়াৰ
যোগেদি মই
এটা অনুৰোধ
জনাও যে
তেখেতলৈ যেন
অকণমান চকু মেলি
চায়, মূল্য দিয়ে, সন্মান জনাই, স্বীকৃতি প্রদান কৰে। তেখেত আমাৰ বাবে
আদর্শ, সংগ্রামী, এজন গৌৰৱৰ ব্যক্তি।
আমি বালিজানবাসীয়ে তেখেতক লৈ সদায়
গৌৰৱ কৰো। আমাৰ ফালৰ পৰা
এয়া আশা
কৰিছো, কামনা কৰিছো আৰু কৰযোৰে
প্ৰাৰ্থনা জনাইছো। শেষত, তেখেতৰ সু-স্বাস্থ্য আৰু
দীর্ঘায়ু কামনা
কৰিলো। •
: : :
সুদক্ষ প্রশাসক কৃতী শিক্ষক আলহাজ
হালিম আলী ছাৰৰ জীৱন আৰু
কৰ্ম : এটি
চমু আলোচনা
নুৰুল ইছলাম (তালুকদাৰ)
সুদক্ষ প্রশাসক
কৃতী শিক্ষক
আলহাজ হালিম
আলীৰ জন্ম
১৯২৯ চনৰ
১ চেপ্তেম্বৰত তেতিয়াৰ কামৰূপ
জিলাৰ ভেল্লাৰ সমীপৰ
ঔমুৰা গাঁৱত। তেওঁৰ দেউতাকৰ নাম
মণিৰ উদ্দিন
মুন্সী আৰু
মাকৰ নাম
বেলমন নেছা। তেওঁ ভেল্লাত প্রাথমিক শিক্ষাৰ
পাতনি মেলিছিল। প্রাথমিক শিক্ষা সমাপ্ত
কৰি তেওঁ
তেতিয়াৰ বৰপেটা
মহকুমাৰ শিক্ষাৰ
প্ৰাণকেন্দ্ৰ বৰপেটা চৰকাৰী
উচ্চতৰ মাধ্যমিক
বিদ্যালয়ৰ পৰা
১৯৪৭ চনত
মেট্ৰিক পৰীক্ষাত
উত্তীৰ্ণ হৈ
বৰপেটাৰ মাধৱ
চৌধুৰী মহাবিদ্যালয়ত নাম
ভৰ্ত্তি কৰে
আৰু উক্ত
মহাবিদ্যালয়ৰ পৰা
১৯৫২ চনত
সুখ্যাতিৰে বি.এ.
পাছ কৰে। স্নাতক হোৱাৰ পাছত তেওঁ
নিজ গাঁৱতে
এখন হাইস্কুল
স্থাপন কৰে
আৰু ১৯৫৭
চনত বি.টি.
পাছকৰে। তেতিয়া অসমৰ
ৰাজধানী আছিল ছিলং। ফলত বিদ্যালয় অনুমোদনৰ
যাৱতীয় কাম-কাজ ছিলংলৈ
গৈ কৰিব
লগা হৈছিল। এবাৰ বিদ্যালয়ৰ কাম-কাজ সম্পর্কে
চিলঙলৈ যোৱাত
কালুখানৰ লগত
তেওঁৰ সাক্ষাৎ
হয়। কালু খান
আছিল জনীয়াৰ
সমীপৰ ভেদলীৰ লোক।
কালু খান
নিজে বিশেষ
শিক্ষিত নহ'লেও শিক্ষাৰ
প্ৰতি আগ্ৰহী
আছিল আৰু
জনীয়াত এখন
হাইস্কুল প্রতিষ্ঠাৰ কাৰণে লাগি আছিল। তাতে কালুখানৰ লগত
তেওঁৰ সাক্ষাৎ
হয় আৰু
কালুখান তেওঁৰ
কথা-বতৰাৰ দ্বাৰা
প্ৰভাৱিত হৈ তেওঁক
জনীয়াৰ হাইস্কুলৰ
প্ৰধান শিক্ষকৰ
দায়িত্ব চম্ভালিবলৈ
অনুৰোধ জনায়। কালুখানৰ অনুৰোধ নেওচিব
নোৱাৰি তেওঁ ১৯৫৯
চনত জনীয়া
হাইস্কুলৰ প্ৰধান
শিক্ষকৰ দায়িত্বভাৰ
গ্ৰহণ কৰে
আৰু দক্ষতাৰে
নিজৰ কাৰ্যকাল
শেষ কৰি ১৯৮৮ চনত বিভাগীয়
নিয়ম অনুসৰি
কামৰ পৰা
অৱসৰ গ্ৰহণ
কৰে।
হালিম আলী
ছাৰ আছিল
সাধাৰণ কৃষকৰ
সন্তান। আর্থিক অৱস্থাও
সিমান স্বচ্ছল
নাছিল। তদুপৰি তেতিয়া
বংগীয় মূলৰ মুছলমান
সমাজতো দূৰৰে
কথা অসমীয়া
হিন্দুৰ সমাজতো
শিক্ষা সিমান
প্ৰসাৰ লাভ
কৰা নাছিল। চিঠি এখন পঢ়াৰ কাৰেণে মানুহ বিচাৰি
হাবাথুৰি খাবলগীয়া
অৱস্থা আছিল। শিক্ষাৰ সেই চালুকীয়া
অৱস্থাতে এখন
অখ্যাত পিছপৰা
গাঁৱৰ সাধাৰণ কৃষকৰ
ল'ৰাই স্নাতক
উপাধি লাভ
কৰাটো সহজ
কথা নাছিল। শিক্ষাৰ প্ৰতি প্রবল
আগ্রহ থকাৰ
কাৰণেই এই কাম সম্ভৱ হৈছিল। প্রাথমিক শিক্ষা সমাপ্ত
কৰাৰ পাছততেওঁ
বৰপেটাৰ চৰকাৰী
উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত নাম
ভৰ্ত্তি কৰিছিল যদিও
শিক্ষা জীৱন
চলাই নিয়াটো
খুবেই দুরূহ
কাম আছিল। কাৰণ তেওঁৰ ঘৰৰপৰা
বৰপেটাৰ দূৰত্ব
কমেও তেৰ চৌধ্য
কিলোমিটাৰ। আজি-কালিৰ দৰে
ছ-মটৰৰ প্ৰচলন
হোৱা নাছিল। চাইকেলৰো তেনেকুৱা প্ৰচলন
নাছিল। আঙুলিৰ মূৰত গণিব
পৰা দুই
চাৰিজন ধনী
তথা ভাগ্যৱান
মানুহেহে চাইকেল
ব্যৱহাৰ কৰিছিল। সেয়ে তেওঁ চৌধ্য কিলোমিটাৰ বাট খোজকাঢ়িয়ে
অহা-যোৱা কৰিব
লগা হৈছিল। স্কুললৈ আহোতে পলম
হোৱাৰ ভয়ত
কেতিয়াবা তেওঁ ভাত নোখোৱাকৈও আহিব
লগা হৈছিল। তদুপৰি বাৰিষা কালত
এঠাইত নাৱেৰে
পাৰ হ’ব লগা হৈছিল। নাও নাপালে সিদিনা স্কুললৈ আহোতে
পলম হৈছিল
নহ’লে ক্ষতি
কৰিব লগা
হৈছিল। কেতিয়াবা পানী
গামোচা পিন্ধিও
খাল পাৰ হ’ব লগা হৈছিল। মাথোন শিক্ষাৰ
প্ৰতি প্রবল
আগ্রহ থকা
কাৰণেই তেওঁ
বি.এ.
পাছ কৰিবলৈ
সক্ষম হৈছিল।
শিক্ষক তথা
প্রশাসক হিচাপে
তেওঁ আছিল
খুবেই কঠোৰ
প্ৰকৃতিৰ। ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ দোষকো
তেওঁ ক্ষমা
কৰা নাছিল। বেতৰ আগত
শিক্ষা এই
দৰ্শনৰ ওপৰত
আস্থাশীল আছিল
তেওঁ। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে তেওঁক
যমৰ দৰে ভয় কৰিছিল। মাথোন ছাত্র-ছাত্রীয়ে নহয়,
অভিভাৱকৰ লগতে
জনীয়া অঞ্চলৰ
সাধাৰণ মানুহেও
তেওঁক সমীহ
কৰি চলিছিল। প্রশাসন তথা
শিক্ষাৰ ক্ষেত্ৰত
তেওঁ ধনী-দুখীয়াৰ প্ৰভেদ
কৰা নাছিল। এটা উদাহৰণ দিলে
এই কথা
স্পষ্ট হ’ব।
এবাৰ কালু
খানৰ ছোৱালীক
তেওঁ বেতেৰে
কোবাইছিল। তেতিয়া কালু
খানে ঘোঁৰাত
উঠি আহি
তেওঁক কৈছিল—“মোৰ ছোৱালীজনীক
আপুনি বেতেৰে
কোবাইছে, আপুনি নাজানে নেকি
যে তাই
মোৰ ছোৱালী?”
তেতিয়া হালিম ছাৰে উত্তৰত কৈছিল—
“বিদ্যালয়ত কোন
কাৰ ল’ৰা বা
ছোৱালী এই
বিষয়ে চিন্তা
কৰি মই
পাঠদান নকৰো৷
ধনী আৰু দুখীয়াৰো প্ৰভেদ নকৰো। সকলোকে মই ছাত্ৰ
আৰু ছাত্ৰী
হিচাপেহে পাঠদান
কৰো। ছাত্ৰ-ছাত্ৰীয়ে পাঠ মুখস্থ
কৰি নাহিলে বা
দুষ্টালি কৰিলে
শাস্তি প্ৰদান
কৰাটো মোৰ
কৰ্ত্তব্য। সেয়ে মই
এজনী ছাত্রী
হিচাপেহে তাইক
শাস্তি প্রদান কৰিছো।
আপোনাৰ ছোৱালী
হিচাপে মই
শাস্তি দিয়া
নাই। এই কথা
শুনাৰ পাছত
কালু খান
নীৰৱে গুচি
যাব লগা হৈছিল।
প্রগাঢ় জ্ঞানৰো
অধিকাৰী আছিল
তেওঁ। তেওঁ সাধাৰণতে
ইংৰাজী শিকাইছিল। কিন্তু গণিত, ভূগোল, বুৰঞ্জী আনকি এৰাবিকো তেওঁ ধুনীয়াকৈ
শিকাইছিল। কিবা কাৰণত
নিয়মীয়া শিক্ষক
গৰাকী উপস্থিত
নাথাকিলে তেওঁ
প্ৰক্সি ক্লাছ লৈছিল আৰু তাতে
তেওঁৰ এই
জ্ঞানৰ পৰিচয়
পোৱা গৈছিল। ছাত্ৰ-ছাত্ৰীয়ে ক’বলৈ বাধ্য
হৈছিল যে,
নিয়মীয়া শিক্ষকতকৈও তেওঁ
ভালকৈ শিকালে। ছাত্ৰ-ছাত্ৰীৰ প্ৰতি
অগাধ ভালপোৱা
থকাৰ কাৰণেই
তেওঁ প্ৰশাসক
হিচাপে কঠোৰ আছিল।
শিক্ষাৰ প্ৰতি
থকা তেওঁৰ
আগ্ৰহ আৰু
প্ৰশাসন দক্ষতা
কিংবদন্তিৰ দৰে
জনীয়া অঞ্চলত
আজিও মানুহে
শ্ৰদ্ধাৰে
স্মৰণ কৰে। ১৯৫৮ ইং চনত
জনীয়া হাইস্কুলৰ
প্রধান শিক্ষকৰ
দায়িত্বভাৰ গ্ৰহণ
কৰাৰ পিছত
স্কুলখনে উন্নতিৰ
ক্ষেত্ৰত এক নতুন
গতি লাভ
কৰিলে। স্কুলখনক সৰ্বদিশতে
আগবঢ়াই নিয়াত
তেওঁ অশেষ
কষ্ট স্বীকাৰ
কৰিবলগীয়া হৈছিল। নিজৰ
স্কুলখনৰ বাহিৰেও
অঞ্চলৰ অন্যান্য
শিক্ষানুষ্ঠানৰ লগত
তেওঁ ওতঃপ্ৰোত
জড়িত হৈ
পৰিছিল। তেওঁৰ বলিষ্ঠ পদক্ষেপৰ বাবেই বাংলীপাৰা
হাই মাদ্রাছাখন
প্রতিষ্ঠা হ’বলৈ সক্ষম
হৈছে। তেওঁ আছিল
মাদ্ৰাছাখনৰ পৰিচালনা
কমিটিৰ প্ৰতিষ্ঠাপক সভাপতি। চৰকাৰী চাকৰিৰ পৰা
অৱসৰ গ্ৰহণ
কৰাৰ পাছত
তেওঁ অঞ্চলটোৰ
বিভিন্ন কাম-কাজৰ লগতে
অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত
হৈ পৰিছিল।
সৰু কালৰ
পৰাই তেওঁ
ধৰ্মৰ প্ৰতি
আগ্ৰহী আছিল। ১৯৮৪ চনত জনীয়াত
অনুষ্ঠিত হোৱা
বিশ্ব এছতেমাৰ
পাছৰপৰা তেওঁ ধৰ্মৰ
প্ৰতি বিশেষ
আগ্ৰহী হৈ
পৰে। জীৱনৰ অন্তিম
পৰ্যায়লৈকে তেওঁ
ইছলামৰ যাৱতীয়
নীতি আদৰ্শৰ
প্ৰতি আগ্রহশীল আছিল
আৰু ধৰ্মীয়
জীৱন-যাপন কৰি গৈছে। যোৱা ৩১-১২-২০১৬ ইং
তাৰিখে বাৰ্দ্ধক্যজনিত কাৰণত তেওঁ এন্তেকাল কৰে। তেওঁৰ মৃত্যুৰ পাঁচ
বছৰ আগতেই
তেওঁৰ সহধর্মীনিৰ
এন্তেকাল হৈছিল। সেয়ে মৃত্যুৰ সময়ত
তেওঁ চাৰিজন ল'ৰা আৰু
চাৰিজনী ছোৱালীৰ
লগতে বহুকেইজন
নাতি-নাতিনীৰ লগতে অলেখ
গুণমুগ্ধক এৰি
থৈ গৈছে।•
: : :
আদর্শ শিক্ষক
আলহাজ জয়নাল
আবেদিন
*এ. এ.
হাছিমী ৰূফছান
জানী
গৰেমাৰী, বৰপেটা
"An
Investment in knowledge always
pays the best
interest.” - Benjamin Franklin
বৰপেটা জিলাৰ
সদৰৰ পশ্চিমফালে
অৱস্থিত জাহোৰপাম,
বাহমুৰা, ছাপৰা, জনীয়া, কাদং, গমোৰী আদি
অঞ্চলসমূহক প্রতিনিধিত্ব কৰা
ব্যক্তিসকলৰ ভিতৰত
এগৰাকী অন্যতম
ব্যক্তি আছিল
আলহাজ জয়নাল
আবেদিন। তেখেত এই
বৃহত্তৰ অঞ্চলত ‘জয়নাল মৌলবী’ হিচাপে সুপৰিচিত আছিল। তেখেতৰ পৰিচিত নামত
‘মৌলবী’ হিচাপে অভিধা সংযোজিত আছিল যদিও তেখেত
ধর্মীয় গুৰুৰ
উপৰিও একাধাৰে
এগৰাকী আদর্শ
শিক্ষক, সমাজ সেৱক তথা
সুবিচাৰক আছিল। সকলোৰে
আপদ-বিপদত সহায়-সহযোগ কৰা
মৌলবী চাহাবে
যুৱচামৰ পৰা
বৃদ্ধলৈ সকলোৰে
সু-দৃষ্টি আকর্ষণ
কৰিব পাৰিছিল যদিও
এচাম স্বার্থান্ধ
লোকৰ কু-দৃষ্টি আৰু
পাকচক্ৰৰ পৰা
নিজকে সদায়
বচাই ৰাখিবলৈয়ো
চেষ্টা কৰিব
লগা হৈছিল
বৰপেটা জিলাৰ
বাঘবৰ সমষ্টিৰ
সাৰগাঁও নামৰ
ঠাইত ১৯৩৫
চনৰ ১
নৱেম্বৰত জয়নাল
আবেদিন চাহাবৰ
জন্ম হয়। তেখেতৰ
পিতৃৰ নাম
আছিল ইব্রাহীম
মিঞা আৰু
মাতৃৰ নাম
আছিল কাঞ্চন
নেছা। ইব্রাহীম মিঞা
প্ৰথমতে চহকী খেতিয়ক আছিল যদিও
ব্ৰহ্মপুত্ৰৰ কৰাল
গ্ৰাসত সমস্ত
মাটি-বাৰী জাহ যোৱাত
অতি দৰিদ্ৰ
হৈ পৰে। এই দৰিদ্ৰতাৰ আলৈ-বিলৈয়েৰে মৌলবী
চাহাবৰ বাল্যজীৱন
আৰম্ভ হয়।
দৰিদ্ৰ পিতৃ-মাতৃৰ অনুপ্ৰেৰণাত
তেখেতে স্থানীয়
প্রাথমিক বিদ্যালয়ত
শিক্ষা জীৱনৰ
পাতনি মেলে। ইয়াৰ পিছত তেখেতে পিতৃ-মাতৃক এৰি
আহি বৰপেটা
জিলাৰ ছাপৰা
গাঁৱত থাকিব
লগা আৰু
এই
‘ছাপৰা’ গাঁৱতেই মৃত্যুৰ সময়লৈকে স্থায়ীভাবে
বাস কৰে। তেখেত বৰপেটা জিলাৰ
চেঙা সমষ্টিৰ
‘গোমাফুলবাৰী মাদ্রাছাত
অধ্যয়ন কৰিবলৈ নাম ভৰ্তি কৰে। উক্ত অনুষ্ঠানৰ পৰাই
তেখেতে মাদ্রাছা
শিক্ষা সমাপ্ত
কৰে। তেতিয়াৰে পৰাই
তেখেতে ‘মৌলবী’ হিচাপে জনাজাত হৈ
পৰে।
মৌলবী চাহাব
প্রকৃততে এজন
কষ্টসহিষ্ণু, জ্ঞান
পিপাসু আৰু
অধ্যয়নৰ প্ৰতি
গভীৰ আগ্ৰহ
থকা চিন্তাশীল
ব্যক্তি আছিল। যি সময়ত
বাংলাভাষী মুছলমান
সমাজত শৈক্ষিক
সজাগতা যথেষ্ট
কম আছিল
আৰু বেছিভাগ
মানুহেই –“শ্ৰম কৰা,
খোৱা আৰু
জীয়াই থকা”
– এই নীতিত
অভ্যস্ত আছিল
সেই সময়ত
তেখেতে উচ্চ
শিক্ষাৰ প্ৰতি
আগ্ৰহ দেখুৱাই নিজকে
এক ব্যতিক্রম
ধর্মী ব্যক্তি
হিচাপে পৰিচয়
দিছিল। সঁচাকৈয়ে! সময়ে যেন সেই
সকলক মনত
ৰাখে যিসকলে ব্যতিক্রম। তেখেতে দৰিদ্ৰতাৰ অযুহাতত
নিজকে উচ্চ
শিক্ষা গ্ৰহণৰ
পৰা বঞ্চিত
কৰিব বিচৰা
নাছিল। তেখেত মাদ্ৰাছা শিক্ষাৰ
সমাপ্তিৰ পিছত
জাহোৰপাম গাঁৱৰ
স্বাগৰ আলী
দেৱানীৰ ঘৰত
শ্রমিক হিচাপে
নিগাজীকৈ থাকি
বৰপেটা জিলাৰ সদৰত
নৈশ পাঠ
গ্ৰহণ কৰি
হিন্দীত এম.এ.
(ৰত্ন) ডিগ্রী লাভ কৰে। আৰবী আৰু হিন্দীৰ
উপৰিও তেখেতে ইংৰাজী ভাষাৰো দক্ষতা
আহৰণ কৰিছিল। তেখেতৰ প্ৰবল ইচ্ছা
আৰু পৰিশ্ৰমী
স্বভাৱৰ বাবেই
এই সকলোবোৰ
সম্ভৱ হৈ পৰিছিল। আমাৰ বৃহত্তৰ অঞ্চলত
এনে দৃঢ়মনা
অক্লান্ত পৰিশ্ৰমী
ব্যক্তি প্রায়
নাই বুলিয়েই
ক’ব পাৰি।
ইতিমধ্যেই ঘাত-মাউৰা হোৱা
মৌলবী চাহাবক
আপোন কৰিবলৈ
কোনোবাই যেন
ৰৈ আছিল। এদিনাখনৰ কথা। সময় তেতিয়া দুপৰীয়া। তেখেতে পুখুৰী এটাত
মৰাপাট ধুই
আছিল। অলপ দূৰৈত
কাম কৰি
থকা মানুহ
এজনে সুধিলে— “এতিয়ালৈকে তোমাৰ বাবে
কোনোবাই ভাত
লৈ নাহিল
যে!
তুমি কেতিয়ানো
ভাত খাবা?”
মানুহজনৰ প্ৰশ্নত
তেখেতে অলপ
সুখ পালে
যদিও তৎমুহূর্ততে
অনুভূতিবোৰে যেন
তেখেতৰ হৃদয়ক
দহিবলৈ আৰম্ভ কৰিলে। তেখেতে চলচলীয়া নয়নেৰে
চাই ক'লে—
“মোৰ বাবে
ভাত আনিবলৈ
কোনো আপোনজন
নাই।” কথাষাৰ শুনি মানুহজনৰ
মায়া উপজিল। মানুহজনে তেখেতক নিজৰ
ঘৰত লৈ
গৈ ভাত
খাবলৈ দিলে। বয়সৰ যথেষ্ট ব্যৱধান থকা
মানুহজনৰ লগত
দিনে দিনে
তেখেতৰ ঘনিষ্ঠ
সম্পর্ক হ’বলৈ ধৰিলে। তেখেতৰ অমায়িক আচৰণ,
মার্জিত কথা-বাৰ্তা আৰু
পৰিশ্ৰমী স্বভাৱ
দেখি মানুহজনে
বৰকৈ সন্তোষ
পালে। মানুহজনে যেন
বুজি পালে
এই যুৱকজনে
এটা সময়ত দৰিদ্ৰতাক
নেওচি সমাজত
সুন্দৰভাবে প্রতিষ্ঠিত
হ’ব পাৰিব।
‘ছাপৰা’ গাঁৱৰ হুছেন উদ্দিন
নামৰ এই
মানুহজনে আত্মীয়সকলৰ পৰামৰ্শক
উপেক্ষা কৰি
এই ডাল-দৰিদ্ৰ যুৱকজনৰ
সৈতে নিজৰ
ডাঙৰ ছোৱালী
ছাহেৰণ নেছাক
বিয়া দি নিজৰ
মাটিত থাকিবলৈ
এটা ঘৰ
সাজি দিয়ে।
মৌলবী চাহাব
ছাত্ৰ অৱস্থাত
এজন শিশু
শ্রমিক আছিল
যদিও শিক্ষা
গ্ৰহণৰ অন্তত
গৰেমাৰী
প্ৰাথমিক বিদ্যালয়ত যাঠি টকা মাহিলি
দৰমহাত শিক্ষক
হিচাপে নিযুক্তি
লাভ কৰি
কৰ্ম জীৱন
আৰম্ভ কৰে। ইয়াৰ পিছত তেখেতে
বালাগাঁও মাইনৰ স্কুলতো
চাকৰি কৰে। কাদং অঞ্চলৰ কিছুমান
ব্যক্তিৰ আহ্বান
মৰ্মে তেখেতে
উক্ত মাইনৰ
স্কুলৰ পৰা
‘কাদং মাইনৰ স্কুল’ত যোগদান কৰে। উল্লেখনীয় যে
এই
‘কাদং মাইনৰ
স্কুল’ পৰিবৰ্দ্ধিত কৰি পিছলৈ
‘কাদং হাইস্কুল’
হিচাপে গঠন কৰা
হয়। তেখেতে ১৯৭৭
চনৰ পৰা
‘কাদং হাইস্কুল’ত হিন্দী শিক্ষক হিচাপে
চাকৰি কৰিবলৈ
ধৰে। সুদীর্ঘকাল চাকৰিৰ অন্তত
তেখেতে উক্ত
হাইস্কুলৰ পৰা
১৯৯৩ চনত
অৱসৰ গ্ৰহণ
কৰে।
বিভিন্ন সময়ত
কেইবাটাও বিদ্যালয়ত
চাকৰি কৰা
মৌলবী চাহাব
এজন আদর্শৱান
শিক্ষক আছিল। মাদ্রাছা শিক্ষাৰ সময়ৰে পৰা
সুপৰিকল্পিতভাবে সময়
অতিবাহিত কৰা
মৌলবী চাহাব
এগৰাকী শৃংখলাবদ্ধ
আৰু নিয়মানুৱৰ্তী
ব্যক্তি আছিল। শিক্ষকতাৰ ক্ষেত্ৰতো
তেখেতৰ এই
গুণ সুন্দৰভাবে
প্রতিফলিত হৈছিল। শিক্ষাৰ্থীসকলৰ মনোযোগ আকর্ষণ কৰি সহজতৰ পদ্ধতিৰে
শুদ্ধ আৰু
সুস্পষ্ট শিক্ষা
প্রদানত তেখেত
সিদ্ধহস্ত আছিল।
তেখেতে শিক্ষার্থীসকলক পাঠ্যক্ৰমৰ পাঠবোৰৰ উপৰিও
অন্যান্য বিষয়ৰো
পুথি অধ্যয়ন
কৰিবলৈ উৎসাহিত
কৰিছিল আৰু জীৱিকা
নিৰ্বাহত সহায়ক
হোৱাকৈ অন্যান্য
কর্ম শিকিবলৈয়ো
উৎসাহিত কৰিছিল। তেখেতে শিক্ষাৰ্থীৰ সুচৰিত্ৰ তথা মানৱীয় দৃষ্টিভংগীৰ
বিকাশার্থে নৈতিক
শিক্ষাৰ ওপৰত
গুৰুত্ব প্ৰদান
কৰিছিল। এই ক্ষেত্ৰত
তেখেতে পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে ধৰ্মীয়
নীতি শিক্ষাৰ
ওপৰতো দৃষ্টি
আৰোপ কৰিছিল। তেখেতে বিশ্বাস কৰিছিল
যে—
“সকলো কৰ্মৰ চালিকা শক্তি হ’ল
‘মন’। মানৱ মনৰ ৰিপুসমূহক
দমন কৰি
এক মহানুভৱী
মন সৃষ্টিৰেহে
সুন্দৰ কৰ্ম
কৰা তথা
সুস্থ সমাজ গঠন কৰা সম্ভৱ। এই মহানুভৱী মন
সৃষ্টিৰ এটা
উত্তম পন্থা
হ’ল ধৰ্ম, যিয়ে মানৱ
মনক সংযমী
কৰি শান্তি
প্রতিষ্ঠাত মুখ্য ভূমিকা
লয়। তেখেতে শিক্ষার্থীসকলক ধর্ম, জাত-পাত,
ধনী-দুখীয়া আদিৰ
উচ্চ-নীচ ভেদাভেদ পৰিহাৰ
কৰি মিলা-প্রীতি স্থাপনৰ শিক্ষা
প্ৰদান কৰিছিল।
এগৰাকী সমাজকর্মী
হিচাপে আমাৰ
এই বৃহত্তৰ
সমাজত তেখেতৰ
অৱদান যথেষ্ট। সেই সময়ত ছাপৰা
গাঁৱৰ অন্যান্য ব্যক্তিসকলৰ সহযোগত উত্তৰ
ছাপৰা প্ৰাথমিক
বিদ্যালয়খন প্রতিষ্ঠাত
তেখেতে আগভাগ
লৈছিল। জাহোৰপাম গাঁৱত ‘জাহোৰপাম এম.ই.
স্কুল’ আৰু ‘জাহোৰপাম হাইস্কুল’
প্ৰতিষ্ঠাৰ ক্ষেত্ৰত
তেখেতৰ অৱদান
যথেষ্ট। ইয়াৰোপৰি তেখেতৰ মুখ্য ভূমিকাতেই ছাপৰা
গাঁৱত ‘নুৰ-ই-ইলাহী’ নামৰ মছজিদ আৰু
মক্তবখন গঢ়ি
উঠিছিল। মৌলবী চাহাবে বিভিন্ন
সময়ত বিভিন্ন
অনুষ্ঠান প্রতিষ্ঠান
পৰিচালনাৰ দায়িত্বও
পালন কৰিছিল। তেখেতে ছাপৰা প্রাথমিক বিদ্যালয়,
জাহোৰপাম এম.ই.
স্কুল, জাহোৰপাম হাইস্কুল আৰু
গমোৰী হাইস্কুলত
বিভিন্ন সময়ত
বহু বছৰ বিদ্যালয় পৰিচালনা সমিতিৰ
সভাপতিৰ দায়িত্বও
পালন কৰিছিল। ইয়াৰোপৰি তেখেতে স্থানীয়
মক্তব, মছজিদ আদি ধর্মীয় অনুষ্ঠানবোৰৰো
পৰিচালনাৰ দায়িত্ব
লৈছিল।
ধৰ্মীয় আৰু
শৈক্ষিক দিশৰ
অগ্ৰগতিৰে সমাজত
সুস্থ বাতাবৰণ
সৃষ্টিৰ ক্ষেত্ৰতো
তেখেতৰ বৰঙণি
অতুলনীয়। ব্যস্ততাৰ মাজতো তেখেতে
মাজে সময়ে
ৰাতি ৰাতি
নিজৰ ঘৰতেই
কিছুমান প্রাপ্তবয়স্ক
মানুহক ধৰ্মীয়
আৰু সাধাৰণ
শিক্ষা প্রদান কৰিছিল।
তেখেতে স্থানীয়ভাবে
প্রকাশিত আলোচনী
এখনত ‘নীতিকথা’ আৰু
‘মানৱ জীৱনৰ
মুক্তিৰ পথ’
– নামৰ দুখন লিখনিৰে
স্থানীয় বিদ্বান
মহলৰ পৰা
বৰকৈ প্ৰশংসা
লাভ কৰিছিল। খেতে শিক্ষকতা কৰা
কালৰে পৰা
বৰপেটা জিলাৰ বিভিন্ন
ঠাইত অনুষ্ঠিত
হোৱা ধৰ্মীয়
সভা-সমিতি, বিভিন্ন বিদ্যালয় আৰু
অন্যান্য অনুষ্ঠানৰ
দ্বাৰা আয়োজিত
সভা-সমিতিত আমন্ত্রিত
অতিথি হিচাপে
ভাষণ প্ৰদান
কৰিছিল। তেখেতে নিজৰ
ভাষণত ধৰ্মীয়
বিধি-বিধানৰ সমান্তৰালকৈ শৈক্ষিক আৰু
অৰ্থনৈতিক উন্নয়নৰ
দিশ সম্পর্কেও
আলোকপাত কৰিছিল। সমাজত প্ৰচলিত হোৱা
যৌতুক প্রথা,
সুত-ঘোচ,
জুৱা খেল,
মদ-ভাং সেৱন
ইত্যাদি সামাজিক
ব্যাধিসমূহৰ বিৰুদ্ধে
আজীৱন মাত
মাতি গৈছিল।
মানুহৰ মাজত
হিংসা-বিদ্বেষ আঁতৰাই সামাজিক
শান্তি-সম্প্রীতি বজায় ৰাখিবলৈ
তেখেতে আপ্রাণ
চেষ্টা কৰিছিল আৰু সচেতন মহলৰ
লগত আলোচনা
কৰি বিভিন্ন
পদক্ষেপ লৈছিল। সহজ-সৰল মনৰ
মৌলবী চাহাব
মানুহৰ প্ৰয়োজনত সদায়
সৎ উপদেশ
প্রদান কৰিছিল। সেয়ে তেখেত সকলোৰে
প্ৰিয়-পাত্ৰ আৰু বিশ্বস্ত
হৈ উঠিছিল। সমাজৰ বিভিন্নজনৰ মাজত হোৱা
বাদ-বিবাদ মীমাংসাৰ
ক্ষেত্ৰতো তেখেত
আগভাগ লৈছিল।
সৰু কালৰ
পৰা পিতৃ-মাতৃৰ পৰা
সততাৰ শিক্ষা
লাভ কৰা,
মৌলবী চাহাব
এগৰাকী নিষ্ঠাবান
মুছলমান আছিল। মাদ্ৰাছা
শিক্ষা গ্ৰহণ
কৰা সময়ৰে
পৰা তেখেতে
ধর্মীয় বিধি-বিধানসমূহ যতদূৰ
সম্ভৱ সম্পূর্ণভাবে
মানি চলিছিল। এইজন ধর্ম প্রাণ ব্যক্তিয়ে
১৯৯৮ চনত
পবিত্র হজ
কার্য সম্পন্ন
কৰে। মৌলবী চাহাবৰ জীৱনৰ
শেষ সময়চোৱা
বৰ সুন্দৰভাবে
অতিবাহিত হয়। সেই সময়ত তেখেতৰ
আৰ্থিক দৈন্যতা নোহোৱা হৈছিল। পৰিয়াল আৰু
প্ৰতিবেশীৰ মৰম-চেনেহ আৰু
সন্মানে তেওঁৰ
জীৱনটোক বাৰুকৈয়ে
উপভোগ্য কৰি তুলিছিল।
কিন্তু সুখ
জানো চিৰস্থায়ী?
এইজন স্বনামধন্য
ব্যক্তিয়ে ২০১২
চনৰ ১৫
নৱেম্বৰ তাৰিখে
সকলোকে ব্যথিত কৰি জীৱন-পৰিক্ৰমাৰ চৰম সত্য
‘মৃত্যু’ক আকোঁৱালি লয়৷
তেখেতে মৃত্যুৰ
সময়ত নিজৰ
স্ত্ৰী, ছয়জন পুত্ৰ আৰু
এজনী কন্যা সন্তানক
এৰি থৈ
যায়।
নিজৰ ব্যক্তিত্ব
আৰু গুণৰ
বলত স্থানীয়
হিন্দু-মুছলমান সকলোৰে দ্বাৰা
সমাদৃত হোৱা
জয়নাল আবেদিন
চাহাব সৰু কালৰে পৰাই স্বাধীন
মনোভাৱ সম্পন্ন,
নিয়ম শৃংখলা
মানি চলা
কঠোৰ পৰিশ্ৰমী
ব্যক্তি আছিল। তেখেতৰ মৰমীয়াল স্বভাৱৰ বাবে
তেখেতৰ সান্নিধ্যলৈ
অহা ব্যক্তিয়ে
তেখেতক পাহৰিব
নোৱাৰা হৈছিল। সকলোৰে মাজত মিলা-প্রীতি বজাই ৰাখি
এখন সুস্থ
সমাজ গঠনাৰ্থে
তেখেতৰ অৱদান
অপৰিসীম। তৃণমূল পর্যায়ৰ
লোকৰ উন্নয়ন,
সুখ-শান্তি অবিহনে এখন সুখী, সুস্থ দেশ গঠন
সম্ভৱ নহয়
বুলি ভাৱিয়েই
বোধহয় তেখেতে
গোটেই জীৱন
এই সাধাৰণ
শ্ৰেণীৰ মংগলাৰ্থে চিন্তা কৰিছিল। এজন আদর্শ
শিক্ষক হিচাপে
তেখেতে উপলব্ধি
কৰিছিল যে
শিক্ষক এজন
হ’ল সমাজৰ কৰ্ণধাৰ স্বৰূপ। শিক্ষক
এজনে নিজৰ
দায়িত্বক কেৱল
বিদ্যালয়ৰ চাৰিবেৰতেই
সীমাবদ্ধ ৰখা
অনুচিত। বৰঞ্চ কালক
অতিক্ৰম কৰি
সৎ মনোভাৱেৰে সমাজৰ
শৈক্ষিক, অর্থনৈতিক, সাংস্কৃতিক আদি
সৰ্বাঙ্গীন দিশৰ
উন্নয়নৰ কৰ্মক
দায়িত্ব হিচাপে
লোৱাই উত্তম। আমাৰ সমাজলৈ
আগবঢ়োৱা অৱদানৰ
বাবে অসম
মাতৃৰ সুসন্তান
জয়নাল আবেদিন
চাহাব আমাৰ
মাজত নিশ্চয় স্মৰণীয় হৈ ৰ'ব৷
-
বিঃদ্রঃ- প্রয়োজনীয়
তথ্যসমূহ যোগান
ধৰাৰ বাবে
ছাপৰা গাঁৱৰ
ছাহজাহান আলী
চাহাবক ধন্যবাদ।•
: : :
স্বভাৱ কবি
বোৰহান আলী
চৰকাৰ(জীৱনালেখ্য
আক্রাম হুছেইন
শিকদা
লাৰকুছি
বোৰহান আলী
চৰকাৰ। তেখেত আছিল
নলবাৰী জিলাৰ
চৰ-চাপৰি অঞ্চলৰ
সকলোৰে শ্ৰদ্ধাৰ
এগৰাকী প্ৰচাৰ
বিমুখ স্বভাৱ কবি। কেৱল কবিয়েই নহয়;
তেখেত আছিল
একেধাৰে গ্ৰাম্য-শিল্পী, গীতিকাৰ, হামনিয়াম-দোতাৰা বাদক, সুৰকাৰ, ফুটবল খেলুৱৈ, যশস্বী মেলেকী, হাডুডু খেলৰ ৰেফাৰী,
নিপুণ খেতিয়ক,
চাৰণ কবি
ইত্যাদি। আনুমানিক ১৯২৫
চনত অবিভক্ত কামৰূপ
জিলা (বৰ্তমান নলবাৰী জিলা)ৰ ঐতিহাসিক পেৰাধৰা গাঁৱত
তেখেতে পিতৃ
ইন্তাজ মুন্সিৰ
ঔৰসত আৰু মাতৃ ছাবজান নেছাৰ
গৰ্ভত জন্মগ্রহণ
কৰিছিল। ৩ জনকৈ ভাই-ককাই আৰু
৬ জনীকৈ বায়েক-ভনীয়েকেৰে বৃহৎ যৌথ পৰিয়াল এটাত জন্মগ্রহণ
কৰি মাথোঁ
ষষ্ঠ শ্ৰেণীলৈকে
স্কুলীয়া শিক্ষা
লাভ কৰিবলৈ
সক্ষম হৈছিল। নিচেই সৰু কালতে মাতৃবিয়োগ ঘটাত পিতৃ
ইন্তাজ মুন্সিয়ে
দ্বিতীয় বাৰৰ
বাবে ৰয়মন
নেছা নামৰ
যুৱতী এজনীৰ
পানী গ্ৰহণ
কৰে। মাহী-মাকৰ তত্বাৱধানত ডাঙৰ-দীঘল হোৱা বোৰহান
আলী চৰকাৰে
দৌলাশাল এম
ভি স্কুলৰ
পৰা পঞ্চম
শ্রেণী উত্তীৰ্ণ
হৈ ষষ্ঠ
শ্ৰেণীত নাম ভৰ্তি
কৰিয়েই বিদ্যালয়
এৰে। প্ৰাক্স্বাধীনতা কালতেই একেখন
গাঁৱৰে গেন্দু
মাতবৰৰ কন্যা
মিছ ৰূপাতন
বিবিৰ সৈতে বিবাহ পাশত আৱদ্ধ
হৈ তেখেতে
সংসাৰ জীৱনৰ
পাতনি মেলে।
সাহিত্য-সংস্কৃতিৰ চৰ্চা ঃ সৰু
কালৰ পৰাই
অনৰ্গল ছন্দবদ্ধ
কবিতাৰ স্তৱক
কিছুমান নিজেই
ৰচনা কৰি
সেইবোৰ গাই
যাব পাৰিছিল। পৰৱৰ্তী কালত
তেনেবোৰ ছন্দোবদ্ধ
স্তৱকৰ দুখনকৈ
কাব্য-পুস্তিকা ক্ৰমে ‘কথাই কথাই হাঁসি’
আৰু
‘ভাবিয়া দেখেন কথা মিথ্যা নয়’
প্ৰকাশ কৰি
পঢ়ুৱৈ সমাজৰ
সমাদৰ বুটলিবলৈ
সক্ষম হৈছিল।
‘কথাই কথাই
হাঁসি’ শীর্ষক কাব্য-পুস্তিকাখন ১৯৫০ চনত প্ৰথম
সংস্কৰণ আৰু
১৯৯২ চনত
দ্বিতীয় সংস্কৰণ
প্ৰকাশ পায়। ১৯৯৯ চনত প্ৰকাশ
পায় ‘ভাবিয়া দেখেন কথা মিথ্যা নয়’
শীর্ষক কাব্য-পুস্তিকাখন; যিখন
পুস্তিকাত সন্নিৱিষ্ট
কেতবোৰ জনপ্ৰিয়
আপ্তবাক্যৰ শৈল্পীক
সমাহাৰে পুস্তিকাখন নব্বৈৰ দহকত জনপ্ৰিয়তাৰ
শীৰ্ষস্থানত বহুৱাইছিল৷
ডেকা-বুঢ়া সকলোৰে মুখে
মুখে ‘কথাই কথাই হাঁসি’ৰ ছন্দোবদ্ধ শ্লোক সদৃশ স্তৱকবোৰে এক প্ৰকাৰ
গীতৰ ৰূপত
সুৰাৰোপিত হৈছিল। এনেকি খেতি-পথাৰত কাম কৰা
চহা-বনুৱাৰ সুৰীয়া
কণ্ঠতো স্তৱকবোৰ প্ৰাণ
পাই উঠিছিল। তাৰোপৰি পুস্তিকাখন সুৰ-কবিতাৰ ৰূপত
কবিগৰাকীৰ স্ব-কণ্ঠত অ’ডিঅ’
কেচেটো নিৰ্মাণ
কৰা হৈছিল ।
হাৰমনিয়াম আৰু
দোতাৰা বাদক
হিচাপেও পৰিচিত
এইগৰাকী লোকশিল্পীয়ে
নিজে গীত
ৰচনা কৰি
নিজেই সুৰাৰোপিত কৰি নিজেই সেই
গীতত কণ্ঠদানো
কৰিছিল। চৰ-চাপৰি অঞ্চলৰ
এক অন্যতম
জনপ্রিয় লোকসংস্কৃতি
চাৰণ কবিৰ
দ্বাৰা পৰিৱেশিত কবিগানতো
এইগৰাকী স্বভাৱ
কবিয়ে এসময়ত
কবি সৰকাৰৰ
ভূমিকা লৈ
কবিগান পৰিৱেশন
কৰিছিল।
শিল্পকর্ম ঃ
বিভিন্ন কুটিৰ
শিল্পৰ লগত
জড়িত হৈও
এইগৰাকী চৰকাৰে
নিজৰ শৈল্পীক
নৈপুণ্যতাৰ পৰিচয়
দিছিল। নাও, আলমিৰা, চকী-মেজ,
টোল,
বেঞ্চ, ঢেঁকী, মাছ ধৰা
যুঁতি, নাঙল, যুৱলি, জখলা, চাকি ধৰা
গছা,
জাল আদি
নিৰ্মানত সিদ্ধহস্ত আছিল তেখেত।
ক্রীড়া-জীৱনঃ
তেখেত এগৰাকী
সু-নিপুণ ফুটবল
খেলুৱৈৰ উপৰিও
হাই জাম্প,
লং জাম্প,
যাঁঠি দলিওৱা
আৰু ওজন দলিওৱা খেলৰ চেম্পিয়ন
আছিল। চল্লিছৰ দহকৰ
পৰাই ঐতিহাসিক
পেৰাধৰা অঞ্চলৰ
কেইবাখনো গাঁও
যেনে— পেৰাধৰা, কলতলি, নদিয়া, ৰৌমাৰী, দৌলাশাল, গোৰাক্ষাট্টাৰী আদিৰ যুৱকসকল
মিলি এটা
ফুটবল টিম
তৈয়াৰ কৰিছিল
আৰু অবিভক্ত কামৰূপ জিলাৰ বিভিন্ন
অঞ্চলত অনুষ্ঠিত
ফুটবল প্রতিযোগিতাৰ
পৰা চূড়ান্ত
বিজয়ীৰ সন্মান
আঁজুৰি আনিবলৈ
সক্ষম হৈছিল। তেখেতে ফুটবল
প্রতিযোগিতাত মুখ্য
প্ৰতিৰক্ষক খেলুৱৈ
হিচাপে সুদক্ষ
খেল প্ৰদৰ্শন
কৰিব পাৰিছিল;
যাৰ বাবে বিভিন্ন অঞ্চলৰ বিভিন্ন
দলৰ হৈ
ফুটবল খেলিবলৈ
তেখেতক ‘হায়াৰ’ কৰি লৈ
গৈছিল। তেতিয়াৰ দিনৰ
পৰম্পৰা অনুসৰি হায়াৰত খেলিবলৈ যোৱা
খেলুৱৈ হিচাপে
তেখেতক ‘বেণ্ড পাৰ্টী’ বজাই আদৰি লৈ
যোৱা হৈছিল। চৰ-চাপৰি অঞ্চলৰ পৰম্পৰাগত এক সমৰকলা
সদৃশ খেল—
লাঠি-বাৰী বা সদাৰ-বাৰী আৰু
তীৰ চালনা
খেলৰো তেখেত
আছিল এজন প্রশিক্ষক। সৰ্দাৰ-বাৰী খেলৰ
প্ৰশিক্ষণ দিয়াৰ
বাবে বিভিন্ন
ঠাইৰ পৰা
তেখেত আমন্ত্ৰিত
হৈছিল। বৃটিচ শাসন
কালত তেখেতৰ ঘৰত সৰ্বভাৰতীয় হিচাপে
অনুমোদিত পঞ্জীয়নকৃত
দুনলীয়া বন্দুক
আছিল। সেই সূত্রে
বন্দুক চালনাতো
তেখেত আছিল সিদ্ধহস্ত। অঞ্চলটোত বাঘ ওলালে
তেখেতৰ ওপৰতেই
অঘোষিত দায়িত্ব
আহি পৰিছিল
সন্ত্রাসী বাঘ
বধ কৰাৰ
বাবে। ব্ৰহ্মপুত্ৰৰবুকুত বন্দুকেৰে
বনৰীয়া হাঁহ
আদি চিকাৰ
কৰাটো তেখেতৰ
এটা চখ
আছিল (তেতিয়া কিজানি বন্যপ্রাণী
আইন সাম্প্রতিক কালতকৈ কিছু পৰিমাণে
শিথিল আছিল!)। সেই সূত্রে তেখেত
চিকাৰী হিচাপেও
সমাজত পৰিচিত
আছিল।
সামাজিক জীৱন: বোৰহান আলী
চৰকাৰ আজীৱন
সমাজ-জীৱনৰ সৈতে ওতপ্রোতভাৱে
জড়িত হৈ
আছিল বুলি ক’লেও বঢ়াই
কোৱা নহয়। ষাঠিৰ দহকৰ পৰা
নব্বৈ দহকলৈ
সুদীঘ ৩০
বছৰ কাল
তেখেত ঐতিহাসিক
৩৩১ নং
পেৰাধৰা প্রাথমিক বিদ্যালয়ৰ
পৰিচালনা সমিতিৰ
সভাপতি হিচাপে
কার্যনির্বাহ কৰিছিল। ঐতিহাসিক পেৰাধৰা উচ্চতৰ
মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা
সমিতিৰ সভাপতিৰ
পদ অলংকৃত
কৰাৰ উপৰিও
সুদীৰ্ঘকাল উক্ত
সমিতিৰ সদস্য
পদত কাৰ্যনিৰ্বাহ কৰিছিল।
সুদীর্ঘ কাল
ৰামপুৰস্থিত জনতা
হাইস্কুলত অনুষ্ঠিত
হাইস্কুল শিক্ষান্ত
পৰীক্ষা কেন্দ্ৰৰ
সদস্যৰ উপৰিও
বামুনবড়ীস্থিত শ্বহীদ সোঁৱৰণি
মহাবিদ্যালয়ৰ গভর্নিং
ব’ডিৰ সদস্য
পদ অলংকৃত
কৰিছিল। জন্মগাঁও পেৰাধৰা
গাঁও-সমিতিৰ এগৰাকী সভাপতি হিচাপে
কেইবাবাৰো কাৰ্যনিৰ্বাহ
কৰি তেখেতে
এজন সু-শাসক হিচাপেও
নিজৰ পৰিচয়
দাঙি ধৰিবলৈ
সক্ষম হৈছিল। ১৯৬১-৬২ চনৰপৰা আৰম্ভ
কৰি একেৰাহে
দুবাৰকৈ তেখেত
তদানীন্তন পেৰাধৰা
গাঁও পঞ্চায়তৰ
সভাপতি নির্বাচিত হয়।
বৃটিচ শাসন
কালত পেৰাধৰা
অঞ্চলত একমাত্ৰ
তেওঁৰ ঘৰতেই
ৰেডিঅ’ আছিল। দ্বিতীয় মহাসমৰ চলাকালীন
অৱস্থাত অঞ্চলৰ অনেক
লোক যুদ্ধৰ
বাতৰি শুনিবলৈ
তেখেতৰ ঘৰলৈ
আহিছিল। তেতিয়া তেখেতৰ
ঘৰৰ সমীপত
থকা ২২
খন গাঁৱৰ লোকে
সমবেত হৈ
ঈদৰ নামাজ
পঢ়া ঈদগাহ
ময়দানত লগিৰ
মূৰত ৰেডিঅ’খন বান্ধি
ওপৰত তুলি
দি সমবেত
হোৱা সকলো মানুহক
যুদ্ধৰ বাতৰি
শুনাইছিল। এগৰাকী সুদক্ষ
মেলেকী হিচাপেও
আছিল তেখেতৰ
অঞ্চলব্যাপী খ্যাতি। জতুৱা ঠাঁচ্, উপমা, ফকৰা যোজনা, উপদেশমূলক গল্প আদিৰ
অৱলম্বনত তেখেতে
সামাজিক বিচাৰ-আচাৰৰ সুমীমাংসা
বা সিদ্ধান্ত দিয়াত বৰ পাকৈত
আছিল। সেই সময়ৰ
ভালে কেইগৰাকীমান
বিদ্যানুৰাগী ব্যক্তি
ক্ৰমে আলহাজ
বিজুৰ আলী,
মহিউদ্দিন প্ৰধানী, ৰহিজুদ্দিন আকন্দ, কছিমুদ্দিন সৰকাৰ, মমতাজ উদ্দিন আহমেদ,
ডাঃ জাফৰ
আলী,
আলহাজ মফেজ
উদ্দিন খলিফা আদিৰ সৈতে মিলি
১৯৪০ চনত
পেৰাধৰা এম
ই মাদ্ৰাছা স্থাপন কৰি
১৯৫০ চনত
সেইখনকে উচ্চ
মাধ্যমিক ইংৰাজী বিদ্যালয়লৈ উন্নিত কৰে। উক্ত ব্যক্তিসকলৰ প্ৰচেষ্টাত
পেৰাধৰা সাপ্তাহিক
বজাৰৰ পৰা
খাজনা সংগ্ৰহ
কৰি ঐতিহাসিক
পেৰাধৰা
উচ্চ মাধ্যমিক
ইংৰাজী বিদ্যালয়খন
পৰিচালনাৰ ক্ষেত্ৰত
তেখেতে বিশেষ
ভূমিকা লৈছিল। কিন্তু ১৯৬৫ চনত
পেৰাধৰা বজাৰখন চৰকাৰীভাৱে
ডাকত দিয়াত
পেৰাধৰা উচ্চ
মাধ্যমিক ইংৰাজী
বিদ্যালয়ৰ নামত
সংগ্ৰহ হৈ
থকা ধনৰ
উৎস বন্ধ
হয়।
সেয়েহে উক্ত
ব্যক্তিসকলে ইয়াৰ
বিৰোধিতা কৰি
চৰকাৰক খাজনা
তোলা বন্ধ
কৰি দিয়ে। ফলত চৰকাৰৰ ৰোষত
পৰি ডাঃ জাফৰ আলী,
লতিফ মাতবৰ
আৰু এইগৰাকী
কবিয়ে তিনিদিন
হাজোত খাটিবলগীয়াও
হৈছিল।
১৯৬৯ চনত
ঐতিহাসিক পেৰাধৰা
হাইস্কুল আৰু
পেৰাধৰা গাঁও
ব্ৰহ্মপুত্ৰৰ বুকুত
চিৰদিনৰ বাবে
জাহ যায়। চাৰিবাৰকৈ লুইতৰ গৰাখহনীয়াত পতিত
হৈ এই
গৰাকী লোকশিল্পীৰ
বাসস্থান স্থানান্তৰ
কৰিবলগীয়া হোৱাত
শেষতীয়াকৈ ১৯৯২
চনৰ পৰা ৰামপুৰৰ
সমীপৱৰ্তী ১
নং কাপলাবড়ী
(দমদমা পাথাৰ)ত নিগাজীকৈ থাকিবলৈ লয়৷
চাৰিজনকৈ সুযোগ্য
পুত্র সন্তান ক্রমে ছাহজাহান আলী
আহমেদ (অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক,
পশ্চিম কাজেশ্বৰ
এম ই
মাদ্ৰাছা), মিৰান হুছেইন (ইংৰাজী বিভাগৰ বিষয় শিক্ষক
ও প্রাক্তন অধ্যক্ষ, মুগদি মিলন উচ্চতৰ
মাধ্যমিক বিদ্যালয়),
আবু বক্কৰ
ছিদ্দিক (অধ্যক্ষ, পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়), জয়নাল আবদিন (সুদক্ষ কৃষক) আৰু ৬ জনীকৈ কন্যা সন্তানৰ
পিতৃ এই
অশীতিপৰ কবিগৰাকীৰ
যোৱা ২৫-১০-২০০৫ তাৰিখে
পত্নী বিয়োগ
ঘটে আৰু
যোৱা ১৪-০১-২০১৮ জানুৱাৰী
তাৰিখে বাৰ্দ্ধক্যজনিত কাৰণত নিজ বাসভৱনত কবিগৰাকীয়ে
শেষ নিশ্বাস
ত্যাগ কৰে। ইতিমধ্যে অসম নাট্য
সন্মিলন, দপবাশাই এইগৰাকী গ্ৰাম্য-শিল্পীৰ নামত মৰণোত্তৰভাৱে “বোৰহান আলী
চৰকাৰ সমাজখনিকৰ
বঁটা” ঘোষণা কৰি প্ৰথমবাৰলৈ
উক্ত বঁটা
যোৱা ২২-০৪-২০১৮ তাৰিখে মুকালমুৱা
অঞ্চলৰ বিশিষ্ট
সমাজকৰ্মী তথা
গান্ধীবাদী নেতা
উমেশ মেধিলৈ
প্ৰদান কৰে। এইগৰাকী স্বভাৱ কবিৰ আদৰ্শ আমাৰ অনুকৰণীয়।•
: : :
ধনাই হাজীৰ
জীৱন আৰু
কৰ্ম
আবুল হুছেইন
যতিগাঁও
আলীগাওঁ অঞ্চলৰ
নক্ষত্ৰ স্বৰূপ
মৰহুম
ধনাই হাজীৰ
জন্ম অবিভক্ত
ভাৰতবৰ্ষৰ বংগদেশৰ
ঢাকা জিলাৰ
অৰ্গজ নামৰ এখন নৈপৰীয়া গাঁৱত
ইং ১৮৮৬
চনত। তেওঁৰ দেউতাকৰ
নাম নাজিৰ
মল্লিক আৰু
মাকৰ নাম
ময়না খাতুন। সাতজন ককায়েক-ভায়েকৰ মাজত
তেওঁ ষষ্ঠ
সন্তান আছিল। তেওঁৰ ককায়েক-ভায়েককেইজনৰ নাম আছিল
ক্ৰমে- মহাৰাজ মল্লিক, গাদু মল্লিক,
কোৰবান বেপাৰী,
কামাল বেপাৰী,
ৰূপাই মাতব্বৰ,
ধনাই হাজী
আৰু জাহেৰ
আলী। তেওঁৰ একমাত্ৰ
ভনীয়েক জনীৰ নাম
আছিল ৰূপজান
মল্লিক। মাথোন চাৰি
বছৰ বয়সত
নিউমোনিয়াত আক্ৰান্ত
হৈ ৰূপজান
মল্লিকৰ অকাল
বিয়োগ ঘটে।
ধনাই হাজীৰ
কোনো আনুষ্ঠানিক
শিক্ষা নাছিল। তেওঁ নিজৰ প্ৰচেষ্টাতে
ঘৰুৱা শিক্ষকৰ
ওচৰত ‘বাল্যশিক্ষাখন’ আৰু কোৰআন শ্বৰিফ
পঢ়িবলৈ শিকিছিল। ১৯১৭ চনত ঢাকা
জিলাৰ দিগলীয়া
গাঁৱৰ টেনু
মল্লিকৰ একমাত্ৰ
জীয়েক মজিৰণ
নেছাৰ লগত তেওঁ
বিবাহ পাশত
আৱদ্ধ হয়। টেনু মল্লিক ভালেখিনি
সম্পত্তিৰ গৰাকী
আছিল। ফলত বিয়াৰ
পাছত ধনাই
হাজী শহুৰেকৰ সম্পত্তি
ৰক্ষণাবেক্ষণৰ কাৰণে
শহুৰেকৰ ভেটিত
থাকিবলৈ লয়। কিন্তু টেনু মল্লিকৰ
কোনো পুত্রসন্তান
নথকাৰ সুযোগ লৈ
তেওঁৰ আত্মীয়-স্বজনসকলে সেই
সম্পত্তি গ্রাস
কৰাৰ কাৰণে
ষড়যন্ত্ৰত লিপ্ত
হয়। ধনাই মল্লিক
ল’ৰালিৰে পৰাই শান্তিপ্রিয় স্বভাৱৰ আছিল। সেয়ে আত্মীয়-স্বজনৰ মনোভাৱলৈ লক্ষ্য
কৰি তেওঁ
বিচলিত হৈ
বংগদেশ ত্যাগ
কৰাৰ কাৰণে সিদ্ধান্ত লয় আৰু
তাৰে কিছু
মাটি বিক্ৰী
কৰি ১৯১৯
চনত অসম
লৈ উঠি
আহে। অসমলৈ আহি
তেওঁ বৰপেটা
জিলাৰ মহম্মদপুৰ গাঁৱত
বসতি স্থাপন
কৰে। মহম্মদ পুৰ
গাঁৱখন বৰপেটা
চহৰৰ পৰা
৮ কিলোমিটাৰ পশ্চিম আৰু
জনীয়াৰ পৰা
তিনি কিলোমিটাৰ দক্ষিণ
দিশত অৱস্থিত। মহম্মদ পুৰ গাঁৱতে
তেওঁৰ প্ৰথম
সন্তান মোছলেম
উদ্দিনৰ জন্ম
হয়। ইয়াৰ পাছত
ক্ৰমে মহম্মদ আলী,
হাৰেজ আলীয়ে
জন্মলাভ কৰে। কিন্তু মহম্মদ আলী
আৰু হাজে
আলীৰ অকাল
বিয়োগ হোৱাত
ধনাই হাজী মানসিকভাবে ভাঙি পৰে। কিছুদিন বিৰতিৰ পাছত
জয়নাল আবদিন,
জুলহাস উদ্দিন,
বাহাৰ্জান নেছা,
আয়সা খাতুন,
সিৰাজুল হক আৰু
ফয়জল হকৰ
জন্ম হয়। ফলত তেওঁ সন্তান
দুজনৰ অকাল
বিয়োগৰ শোক
কিছু পৰমাণে
হ'লেও পাহৰে৷
জুলহাস উদ্দিনে বৰপেটা
চৰকাৰী হাইস্কুলত
দশম শ্ৰেণীলৈকে
অধ্যয়ন কৰিছিল। তেওঁ শ্ৰেণীত সদায়
প্রথম হৈছিল। ফলত বিদ্যালয় কর্তৃপক্ষৰপৰা তেওঁ
একেৰাহে তিনিটা
বছৰ পচমী
চাদৰ পুৰস্কাৰ
হিচাপে লাভ
কৰিবলৈ সক্ষম
হৈছিল। কিন্তু দুর্ভাগ্যৰ
বিষয়, মেট্ৰিক পৰীক্ষালৈ
মাথোন কেইমাহ
মান বাকী
থাকোঁতে ১৯৪৮
চনত নিউমোনিয়া
জ্বৰ হৈ
জুলহাস উদ্দিনে
অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। আন এগৰাকী
সন্তান ফয়জল
হক ভাল
অভিনেতা আছিল। অভিনয় প্রতিভাৰ বাবে
শুভাকাংক্ষী মানুহবিলাকে তেওঁক
‘হক চাহাব’
বুলি সম্বোধন
কৰিছিল। সিৰাজুল হকে
গাঁও পঞ্চায়তৰ
সচিব হিচাপে
কাৰ্যনিৰ্বাহ কৰি বৰ্তমান অৱসৰ গ্ৰহণ
কৰিছে। সন্তান কেইজনৰ
মাজত একমাত্ৰ
সিৰাজুল হকে
বর্তমান জীয়াই
আছে।
ধনাই হাজী
শিক্ষাৰ প্ৰতি
যথেষ্ট আগ্রহী
আছিল। ১৯২৫ চনত
মহম্মদপুৰত ২৭৫
নম্বৰ টাপাজুলী
প্রাথমিক বিদ্যালয়খন স্থাপন কৰা হয়।
(মহম্মদপুৰ গাঁৱখন
তেতিয়া মৌখিকভাবে
টাপাজুলী নামেৰে
পৰিচিত আছিল
কাৰণে স্কুলখনৰ
নামকৰণ টাপাজুলী কৰা
হৈছিল।) উক্ত বিদ্যালয়খন
স্থাপনৰ ক্ষেত্ৰত
মহম্মদপুৰৰ বিশিষ্ট
ব্যক্তিত্ব ইলিমুদ্দিন
দেৱানীয়ে আগভাগ
লৈছিল যদিও মব্বেছ
দেৱানী, আব্বেছ দেৱানী, মাতাব খান,
আতাব খান,
মইনা মাতবৰ,
ইয়াদ আলী,
আয়েন আলী,
নয়ান আলী, নজৰ হাজী, ৰহিজ উদ্দিন, কালু বেপাৰীৰ লগতে
ধনাই হাজীৰো
বিদ্যালয়খন স্থাপনৰ
ক্ষেত্ৰত যথেষ্ট
অৱদান আছিল। ১৯৩৭ চনত ধনাই হাজী
বৰপেটা জিলাৰ
মন্দিয়া মৌজাৰ
অন্তৰ্গত আলীগাওঁলৈ
উঠি আহে
আৰু ১৯৩৯
চনত তেওঁৰ
প্ৰচেষ্টাতে ৩৭১ নং
আলীগাঁও প্রথামিক
বিদ্যালয়খন স্থাপন
কৰা হয়। বিদ্যালয়খন স্থাপনৰ কাৰণে
প্রয়োজন হোৱা
২ বিঘা মাটি ধনাই হাজীয়ে দান কৰিছিল
। বিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত
তেওঁৰ লগত
সহযোগ আগবঢ়োৱা
ব্যক্তিসকলৰ ভিতৰত
পাকু বেপাৰী, কয়েদ আলী ফকিৰ,
পোচাই দেৱানী,
বাজু মল্লিক,
জহুৰ উদ্দিন,
নজৰ দেৱানী,
বছিৰ খান,
নিজাম খান(আলীগাঁও), বিনোদ দেৱানী, মোকছেদ আলী,
আশ্রফ আলী,
মাজম গাওঁবুঢ়া,
ইমাৰত খান,
সমছেৰ বয়াতী,
ঘুতু দেৱানী(আলীৰ পাম),
জলিল হাজী, মাণিক দেৱানী, অৰিফ মুন্সী, নায়েব আলী মুল্ল্যা,
ফিকিৰ দেৱানী,
আলম খান,
কালু খান,
ফালু দেৱানী,
নালু দেৱানী, মেছেৰ আলী(আলীগাঁও পথাৰ)য়ে ধনাই
হাজীৰ লগত
সহযোগ কৰিছিল।
শিক্ষক হিচাপে
নিযুক্তি দিয়া
হৈছিল আলীগাঁও পাথাৰৰ ফজৰ আলী
চাহাবক। কম শিক্ষিত
হ’লেও ফজৰ
আলী ভাল
শিক্ষক তথা
প্রশাসক হিচাপে
পৰিচিত আছিল
অঞ্চলটোত। ইমানবিলাক মানুহৰ সহযোগত
বিদ্যালয়খন স্থাপন
কৰালৈ চাই
ধনাই হাজীৰ
সাংগঠনিক দক্ষতা
আৰু জনপ্ৰিয়তাৰ
উমান পোৱা যায়। বিদ্যালয়খন ১৯৪২ চনত
লোকেল বোৰ্ডৰদ্বাৰা
মঞ্জুৰিপ্ৰাপ্ত হয়। বিদ্যালয়খন স্থাপন হোৱাৰ
পাছত আলীগাঁও অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত
নৱ জাগৰণৰ
সৃষ্টি হয়। বিদ্যালয়খনত উক্ত অঞ্চলৰ
বিভিন্ন গাঁও
যেনে- আলীগাঁও, আলীগাঁও পথাৰ, আলীৰ পাম,
পালাৰপাম, বৰলি, সাৰগাঁওকে আদি
কৰি বিভিন্ন
গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন
কৰাৰ উপৰিও
অন্যান্য অঞ্চলৰপৰাও ছাত্ৰ আহি লজিং
থাকি অধ্যয়ন
কৰিছিল। ধনাই হাজীৰ
ঘৰত সদায়
দুই তিনিজনকৈ
ছাত্ৰ লজিং
থাকিছিল ।
তেওঁ নাৰী
শিক্ষাৰো পোষকতা কৰিছিল। তেতিয়াৰ দিনত গ্ৰাম্যাঞ্চলৰ
বিদ্যালয়সমূহত ছাত্ৰীৰ
অংশ গ্রহণ
খুব কম
আছিল যদিও
তেওঁৰ প্ৰচেষ্টাত ষাঠিৰ দহকতে আলীগাঁও
প্রাথমিক বিদ্যালয়ত
তাৰাভানু, সাজেদা খাতুন, সামর্ত্ত ভানুকে আদি
কৰি কে’বাজনী ছাত্ৰীয়ে অধ্যয়ন কৰিছিল। তেওঁ এম,
ই স্কুল স্থাপনৰ কাৰণেও
চিন্তা-চৰ্চা চলাইছিল; কিন্তু শিক্ষকৰ অভাৱৰ
কাৰণে উক্ত
কার্যত সফল হ’ব পৰা নাছিল। (১৯৬০ চনৰ
পৰা মহাবাহুব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ
হয়। ১৯৬২ চনত
তেওঁৰ ঘৰখন
গৰাখহনীয়াৰ কবলত পৰে
আৰু আগৰ
ঠাইৰপৰা দুই
কিলোমিটাৰ উত্তৰ
পশ্চিম ফালে
আহি বসতি
স্থাপন কৰে। নিজৰ গৃহৰ লগতে
তেওঁ বিদ্যালয়খনো স্থানান্তৰ
কৰি পুনৰ
নিজৰ মাটিতে
বিদ্যালয়খন স্থাপন
কৰে।) ফলত এম,
ই স্কুল স্থাপনৰ আশা
ত্যাগ কৰিব
লগা হয়। অৱশ্যে তেওঁৰ
মৃত্যুৰ পাছত
১৯৭৮ চনত
আলীগাওঁ এম,
ই মাদ্ৰাছাখন স্থাপন কৰা
হৈছে। প্রাথমিক বিদ্যালয়খনক এতিয়ালৈকে বহুতে ধনাই
হাজীৰ স্কুল
বুলি পৰিচয়
দিয়ে।
ধনাই হাজী
এগৰাকী ধৰ্ণপ্রাণ
ব্যক্তি আছিল। তেওঁ নিজৰ মাটিতে
মছজিদ আৰু
ঈদগাহ নিৰ্মাণ
কৰিছিল। তেওঁ দুবাৰ হজ্বযাত্ৰা কৰিছিল ।
১৯৩৯ চনত
প্ৰথমবাৰ আৰু
১৯৫৩ চনত
দ্বিতীবাৰৰ কাৰণে
হজ্বলৈ গৈছিল
৷ তেওঁৰ প্ৰচেষ্টাতে আলীগাঁওত গ্রামসেৱক কোৱাৰ্টাৰ নিৰ্মাণ
কৰা হৈছিল। গ্রামসেৱক কোৱাৰ্টাৰৰ কাৰণে
প্রয়োজনীয় এবিঘা
মাটি তেওঁ
দান কৰিছিল। তেওঁৰ ঘৰখন অঞ্চলটোত ‘হাজী চাহাবৰ ঘৰ’
হিচাপে পৰিচিত
আছিল। ধনাই হাজী
ৰাজনীতিৰ লগতো
জড়িত আছিল। ফখৰুদ্দিন আলী আহমেদ, তাজ উদ্দিন আহমেদ,
ধনীৰাম তালুকদাৰ,
ৰেণুকা বৰকটকীৰ
দৰে তেতিয়াৰ
স্বনামধন্য ৰাজনৈতিক
ব্যক্তিত্বৰ লগত ধনাই
হাজীৰ সু-সম্পৰ্ক আছিল। নিৰ্বাচনৰ সময়ত এইসকল
নেতা ধনাই
হাজীৰ ঘৰলৈ
গৈ বাহৰ
পাতিছিল। ইয়াৰ উপৰিও বিদ্যালয়
পৰিদৰ্শক, গ্রামসেৱক, মণ্ডল-কানুনগোসকল গৈ ধনাই
হাজীৰ ঘৰত
বাহৰ পাতি
থাকিছিল।
সামাজিক বিচাৰ-আচাৰতো ধনাই
হাজীয়ে আগভাগ
লৈছিল। তেওঁ সদায়
ন্যায়-বিচাৰৰ পক্ষত আছিল
আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। যাৰ ফলত শেষৰ
পৰ্যায়ত তেওঁক
একাংশ মানুহে
বেয়া পাইছিল। তথাপি তেওঁ ন্যায়ৰ
পক্ষ ত্যাগ
কৰা
নাছিল। জীৱনৰ একেবাৰে
শেষৰ পৰ্যায়ত
তেওঁ শাৰীৰিকভাবে
অসুস্থ হৈ
পৰিছিল আৰু
সামাজিক কামৰপৰা
আঁতৰি থাকিছিল।
এইগৰাকী আজীৱন
সমাজ সেৱক,
ধর্মপ্রাণ ব্যক্তিৰ
১৯৬৪ চনৰ
ডিচেম্বৰ মাহত
পৰলোকপ্রাপ্তি হয়।•
: : :
বিস্মৃতিৰ অতল
গৰ্ভলৈ ধাৱিত
বিলাসীপাৰাৰ চান্দে
ডাক্তৰ ওৰফে
ডাঃ আব্দুৰ ৰছিদ
মোজাম্মেল
হক
বিলাসীপাৰা
মানুহ মৰণশীল,
মৰিবই এদিন
আৰু যিজনৰ
মৃত্যু হয়
সিজন আৰু
কেতিয়াও দুনাই
ইপুৰিলৈ ফিৰি
নাহে, এয়া চিৰসত্য।
কিন্তু জীৱিত
কালত কৰি
যোৱা কৰ্মৰাজি
স্মৃতি হৈ
ৰয়। কোনো কোনো
মানুহৰ কৰ্মৰাজি
জীৱিত মানুহৰ
বাবে লগতে নৱপ্ৰজন্মও
পৰৱৰ্তী প্রজন্মৰ
বাবে আদৰ্শ
হৈ ৰয়। এনেকুৱা স্বভাৱ জাতৰ
মানুহ প্রায়
প্রতি সমাজত
দেখা যায়। এইখিনিতে
বৰপেটা জিলাৰ
বিলাসীপাৰা পাথাৰ
গাঁওৰ এজন
প্রতিভাধৰ ব্যক্তিৰ
বিষয়ে আলোচনা
কৰিবলৈ ওলাইছো যাৰ জীৱদ্ধশাত কৰি
যোৱা কৰ্মৰাজি
আজিৰ প্ৰজন্মৰ
সন্মুখত আদৰ্শ
হিচাপে থিয়
দিয়াৰ স্থল
আছে।
জন্মঃ- ভাৰতবৰ্ষত ইংৰাজ ৰাজত্বৰ
শেষ পযেকত
অর্থাৎ ১৯৩০
চনত পূর্ব
বঙ্গৰ টাংগাইল
জিলাৰ খাটাইল
থানাৰ অন্তৰ্গত ফুলহাৰা
নামৰ গাঁওত
এটি অতি
দুখীয়া পৰিয়ালত
এই চান্দে
ডাক্তৰ ওৰফে
ডাঃ আব্দুৰ
ৰছিদৰ জন্ম
হয়। পিতৃৰ নাম এছাহাক
আলী আৰু
মাতৃৰ নাম
মজিৰন নেছা।
নামকৰণ : প্রণিধানযোগ্য
বিষয় যে,
প্ৰতিটো সমাজত
প্ৰতিটো কওমত
প্ৰতিটো গোত্ৰত
কিছুমান পৰম্পৰা
থাকে। সেয়ে আমাৰ মিঞা
সমাজতো কিছুমান
পৰম্পৰা আছে। তাৰ ভিতৰত সন্তান
প্ৰসৱ কৰাৰ
সময়ত সন্তানটো
ভূমিষ্ঠ হোৱাৰ অব্যবহিত
পিছতেই সেই
সন্তানৰ নাভি
ছেদন কৰাৰ
সময়ত ধাইসকলে
নৱজাতকৰ কিবা
এটা নাম
ৰাখিহে নাভি ছেদন কৰা এটা
পৰম্পৰা অতীজৰে
পৰাই চলি
আছিল। এতিয়াও ঠাই
বিশেষে চলি
আছে। এতিয়া অৱশ্যে
সময়ৰ পৰিৱৰ্তনৰ লগে
লগে প্রায়
প্ৰসৱসমূহ চিকিৎসালয়সমূহত সম্পন্ন কৰা হয়
বাবেই উক্ত
পৰম্পৰা বিলুপ্তিৰ
দিশত ধাৱিত হৈছে।
যি কি
নহওঁক, চান্দু মিয়া ওৰফে
আঃ ৰছিদৰ
জন্ম লগ্নত
উপস্থিত কৰ্মৰতা
ধাইসকলৰ চকুত
এই নৱজাতকটো
চন্দ্ৰৰ দৰে উজ্বল
দেখা গৈছিল
বাবে লগে
লগে চাঁন
(চন্দ্ৰ) মিয়া নামেৰে নামকৰণ
কৰি ইয়াৰ
নাভি ছেদন
কৰে। এই চাঁনমিয়া নামটো ক্রমান্বয়ে চাঁন
মিয়াৰ সলনি
চান্দু মিয়া
হৈ ডাক
নাম হিচাপে
জনমানসত পৰিচিত
হয়। চান্দু মিয়া
অকণমান ডাঙৰ হোৱাত
মাক-বাপেকে একমাত্র
ল’ৰাজনক শিক্ষিত
কৰাৰ মানসেৰে
দূৰৈৰ এখনি
বিদ্যালয়ত নাম
ভৰ্তি কৰাই দিয়ে।
এতিয়াৰ দৰে
তেতিয়া প্ৰয়োজনীয়
শিক্ষানুষ্ঠানৰ যথেষ্ট
অভাৱ আছিল
। শিক্ষাৰ প্ৰতি আজিৰ
দৰে আগ্রহান্বিত ব্যক্তিত্বৰ অভাৱও আছিল। চান্দুমিয়াক স্কুলত নাম
ভৰ্তি কৰি
দিয়াৰ এবছৰ
পিছত বিদ্যালয়ৰ
প্ৰধান শিক্ষকজনে
চান্দুক মাতি নি
তেওঁৰ লিখিত
নাম চান্দু
মিয়াৰ পৰিৱৰ্তে
আব্দুৰ ৰছিদ
ৰখা বুলি
জনাই দিয়ে। তেতিয়াৰে পৰাই চান্দু
মিয়াৰ আন এটি
নাম আঃ
ৰছিদ বুলি
জনাজাত হ’লেও ডাক
নামটো চান্দু
হৈয়েই থাকি
গ'ল।
সাধাৰণ বর্ণনা
:
আর্থিক অনাটন
হেতু তৃতীয়
শ্ৰেণীত উন্নীত
হোৱাৰ পিছতেই
লিখা পঢ়া
কৰা চান্দু মিয়া ওৰফে আঃ
ৰছিদৰ সম্ভৱ নহ’ল। সংসাৰ পৰিচালনাৰ
ক্ষেত্ৰত সহায়ক
হ’ব পৰাকৈ চান্দুৱে লিখা
পঢ়া সাং
কৰি বিভিন্ন
কাম কৰিবলৈ
ধৰে। বয়স ১৫ বছৰ
মান নৌহওঁতেই
বাপেকে নাতি
দূৰৈৰ গাঁওৰ
লালভানু নামৰ
ছোৱালী এগৰাকীৰ
লগত তাৰ
বিয়া পাতি
দিলে। সংসাৰত অভাৱৰ মাত্ৰা
বাঢ়ি গ’ল। অভাৱৰ তাড়না
সহ্য কৰিব
নোৱাৰি এদিনাখন
ৰাতি ঘৈণীয়েকক
টোপনিত লালকাল যোৱা দেখি হাতত
সাৰে ভৰিত
সাৰে ঘৈণীয়েকৰ
গাৰ ওপৰৰ
পৰা কানা
এখন টানি
নিজৰ গাত
মেৰিয়াই ওলাই
আহে বাটত। অসমলৈ অহা
লগৰীয়া পাই
তেওঁলোকৰ পৰা
পাঁচ টকা
পইচা ধাৰ
লৈ তেওঁলোকৰ
লগত আহি
অসমৰ বৰ্তমানৰ বৰপেটা
জিলাৰ বিলাসীপাৰা
পাথাৰ গাঁওত
উপস্থিত হয়। তেতিয়া এমাহ কাল
হাজিৰা কাম
বন কৰি
উক্ত ধাৰ কৰা
পাঁচ টকা
পৰিশোধ কৰে। লিখা-পঢ়াৰ প্ৰতি
প্ৰবল হাবিয়াস
থকাৰ বাবেই
‘বাল্যশিক্ষা’, ‘শিশু
শিক্ষা’ নামৰ পুথিবিলাক সদায় পঢ়ি
থাকিছিল। বর্তমান যিটো
বিলাসীপাৰা বজাৰ
বুলি জনাজাত
তেতিয়া আছিল
এক ঘোৰ
অৰণ্য।
তাৰে মাজতেই
গছ-গছনি নথকা
এডোখৰ ঠাই
আছিল। গাঁওৰ মানুহ
মাজে মাজেই
সেই ঠাইখনিত
মিলিত হৈছিল। এই দৃশ্য প্রত্যক্ষ কৰি
চান্দু মিয়াই
দিন-মজুৰি কৰি
জমাকৃত পইচাৰে
তাতে এটা
গেলামালৰ দোকান
দিয়ে। তেখেত ১৯৪৫ চনত
অসমলৈ আহি
১৯৪৬ চনত
দোকানখন দিয়ে। চান্দু মিয়াৰ এই
দোকানখনেই বিলাসীপাৰা
বজাৰৰ প্ৰথম প্রতিষ্ঠাপক দোকান আৰু
এইখন বজাৰৰ
পিতৃস্বৰূপ। ১৯৪৭ ইং
চনৰ প্ৰথম
ভাগত স্থানীয়
বয়স্ক ব্যক্তি
ছলিম উদ্দিন দেওৱানীৰ ওপৰত দোকানৰ
সমূদায় দায়িত্ব
ন্যস্ত কৰি
জন্মভূমি পূর্ব
বঙ্গৰ ফুলহাৰালৈ
ঢাপলি মেলে
এৰি অহা ঘৈণীয়েকক আনিবলৈ। কিন্তু বিফল
মনোৰথেহে ফিৰি
আহিব লগা
হ’ল শুদা হাতে। তাইৰ মাক-বাপেকে ইমান
দূৰলৈ ছোৱালীজনীক আনিব
নিদিলে। চান্দুমিয়া দুখ
মনেৰে ঘূৰি
আহি দোকানত
মনোনিৱেশ কৰে। ১৯৫১ ইং চনত
বুনমাজা গাঁও নিবাসী
মতিয়াৰ ৰহমানৰ
কন্যা হালেমন
নেছাৰ পানি
গ্ৰহণ কৰে। ইপিনে দোকানৰ জৰিয়তে
আর্থিক দিশত ভালেখিনি স্বাৱলম্বী হোৱা
উপলব্ধি কৰি
১৯৫২ ইং
চনত আকৌ
পূর্ব বঙ্গৰ
নিজ জন্মভূমি
ফুলহাৰাত গৈ
পিতৃ-মাতৃ, তিনিজনী ভনী আৰু
চাৰিজন সৰু
ভাইক লৈ
আহে। ২ নং আৰু ৩
নং ভায়েক
অলপমান ডাঙৰ
হোৱাত তেওঁলোকক স্কুলত দিব নোৱাৰি
সৰু ভায়েক
দুজন আঃ
খালেক আৰু
আঃ লতিফক
স্কুলত নাম
লগাই দিয়ে। খৰছৰ মাত্রা বৃদ্ধি হোৱাত গেলামালৰ দোকানখনিয়ে
ইয়াৰ ব্যয়
ভাৰ বহন
কৰাত অক্ষমতা
ধাৰণ কৰিব
ধৰিলে। ফলত চান্দু
মিয়া বিকল্প বাট বিচাৰি কাপোৰ
চিলোৱা দৰ্জিৰ
কামত লাগে। বৃদ্ধ পিতৃ আৰু
সৰু ২
নং আৰু
৩ নং ভায়েকৰ ওপৰত
দোকানৰ দায়িত্ব অর্পন
কৰি গোসাঁই
গাঁওলৈ গৈ
দর্জি কাম
কৰিবলৈ ধৰে। যিহেতু চান্দুৱে ১০
বছৰ বয়সৰ
পৰাই ধৰ্মীয়
অনুশাসন মানি চলিছিল
বাবে গোসাঁই
গাঁওৰ এটি
সমাজৰ মোল্লাৰ
দায়িত্ব ভাৰ
বহন কৰি
লৈছিল। ইপিনে তেওঁ
গোসাঁই গাঁওত
থকা অৱস্থাতেই
তেওঁক নজনোৱাকৈয়ে
পিতৃয়ে তেওঁৰ
২নং ভায়েক
খাদেম আলীক
বিয়া কৰোৱায়। তেওঁৰ উপাৰ্জনৰ ওপৰত চলি
তেওঁকেই অন্ধকাৰত
ৰাখি বিয়া
পতাত তেওঁ
অন্তৰত দুখ
পায় যদিও
পিতৃয়ে কৰিছে
বুলি সকলো
দুখ পাহৰি মানি
লয়। ১৯৫৬ ইং
চনত চান্দু
মিয়া এজনী
কন্যা সন্তানৰ
পিতৃত্ব অর্জন
কৰে। ইলটুমিচ কন্যাৰ
নামৰ অনুকৰণে কন্যাজনীৰ
নাম ৰখা
হয়
‘ৰেজিয়া’। দুখীয়া ঘৰৰ
ছোৱালীৰ নামৰ
আগত চুলতানা
লিখিলে প্রকৃত
চুলতানাৰ অপমান হোৱা
বোধগম্য হোৱাত
চুলতানা ৰেজিয়া
নেৰাখি ৰেজিয়া
খাতুন নাম
ৰাখে।
সর্বজন বিদিত
যে,
মুছলমান সম্প্ৰদায়ৰ
কন্যাসকলৰ নামৰ
ক্ষেত্ৰত বিয়া
হোৱাৰ আগত
মুছলমানৰ পিছত
খাতুন লিখা, আৰু বিয়া হোৱাৰ
পিছত মূল
নামৰ পিছত
বেগম লিখা
বিধান সন্মত। নিষ্ঠুৰ সময়ৰ চপেটাঘাতত
পুৰণি নীতি- নিয়ম ক'ৰবাত উটি
গ’ল। এতিয়া খাতুন,
বেগম এইবিলাক
এলাগী হৈ
বিদায় হ’বৰ হ’ল। পৰিৱৰ্তে বিয়াৰ
পূৰ্বে পিতৃ গৃহত থকা সময়ত
পিতৃৰ মূল
নামৰ পিছৰ
উপাধি লিখে
আৰু বিয়াৰ
পিছত স্বামীৰ
মূল নামৰ
পিছত উপাধি
গ্ৰহণ কৰি লিখা দেখা যায়।
বৰ কষ্টৰ
মাজেৰে চান্দুৰ
পৰিয়ালৰ দিন
অতিবাহিত হোৱাৰ
মাজতে ১৯৫৮
ইং চনত
৩নং ভায়েক
আবুছুফিয়ান (ছোফি উদ্দিনৰ)
বিয়া পাতে। অতি কম সময়ৰ
ব্যৱধানত আর্থিক
অনাটনৰ মাজতো
সৰু ভনীয়েক
দুজনীক পাত্রস্থ কৰে।
১৯৫৯ ইং
চনত তেওঁ
এজন পুত্ৰ
সন্তানৰ পিতৃত্ব
অর্জন কৰে। ঘোৰ অন্ধকাৰৰ মাজত
তৰাৰ তিৰবিৰণিৰ
দৰে
অসহনীয় দুখ
কষ্টৰ মাজত
পুত্ৰ সন্তানৰ
আগমনত সকলোৱে
আনন্দিত হৈছিল। দুখ কষ্ট আর্থিক
অনাটনৰ পৰা
মুক্তি পোৱাৰ বাবে
যেতিয়া সকলোৱে
চেষ্টাত ঠিক
সেই সময়ত
ইয়াৰ জন্ম
হোৱা বাবে
পুত্ৰৰ নাম
আজাদ আলী
নামকৰণ কৰে। ভৱা কথা
নহয় সিদ্ধি
বাটত আছে
কনা বিধি। সেয়ে এই পৰিয়ালৰ
ভৱা কথা
সফল হ’বলৈ বাট
উন্মুক্ত নহ'ল। ৬ মাহমান পিছত সকলোৰে
মহানন্দৰ সুখ
সাগৰত নিৰানন্দৰ
গৰল ঢালি
পৰিয়ালৰ হাঁহিৰ
খোড়াক, অন্ধৰ লাখুটি, কণাৰ বীত চকু সকলোৰে
আলাসৰ লাডু
সামান্য জ্বৰতেই
ইহসংসাৰৰ পৰা
বিদায় মাগে। চান্দুৰ পিতৃ আৰু
আজাদ আলীৰ দাদায়েক একমাত্র নাতিৰ
এই বিয়োগজনিত
শোক কোনোমতে
পাতলিব নোৱাৰি
ক্রমান্বয়ে স্বাস্থ্যৰ
অৱনতি হৈ
তাৰ পিছৰ ছয়মাহ
মান নৌহওঁতেই
নাতিৰ পথকে
অনুসৰণ কৰে। পৰিয়ালৰ ওপৰৰ পৰা
ছায়া আঁতৰি
গ'ল। ছাঁয়াহীন হ’ল পৰিয়াল। একমাত্র সুচিকিৎসাৰ অভাৱত
পৰিয়ালৰ দুজন
লোকক হেৰুৱাব
লগীয়া এই
ঘটনাত চান্দু
মিয়া বৰ
মৰ্মাহত হয়। চিকিৎসা বিদ্যাৰ
প্ৰতি মনে
মনে আকৰ্ষিত
হয়। মনৰ কথা
মনতে পুহি
থকাৱস্থাতে এদিনাখন
লোচমা বজাৰৰ
শ্ৰী বিষু ডাক্তৰৰ
লগত সাক্ষাৎ
হয়। এটি শুভক্ষণত
মনৰ কথা
অকপটে বিষু
ডাক্তৰৰ ওচৰত
ব্যক্ত কৰে
আৰু চিকিৎসা বিদ্যা শিকাবৰ বাবে
বিষু ডাক্তৰক
কৰযোৰে খাটনি
ধৰে। চান্দু মিয়াৰ
বিনয়ী অনুৰোধ
উপেক্ষা কৰিব
নোৱাৰি চান্দু মিয়াক চিকিৎসা বিদ্যা
শিকাবলৈ স্বীকাৰোক্তি
দিয়াৰ পিছত
বিষু ডাক্তৰ
বৰ বিমোৰত
পৰে কাৰণ
চান্দু মিয়াৰ
বাংলা ভাষাৰ আখৰৰ
জ্ঞান কিছু
আছিল যদিও
ইংৰাজী ভাষাৰ
আখৰৰ লগত
কোনো পৰিচয়
নাছিল। সেয়ে প্রথমে
চান্দু মিয়াক ইংৰাজী ভাষাৰ জ্ঞান
দিবলগীয়া হৈছিল। বহুত কষ্টৰ মাজেৰে
এই বিদ্যা
শিক্ষা আৰম্ভ
হ’ল। পৰিয়ালৰ পানীত
হাঁহ নচৰা অৱস্থা।
অভাৱতে কাজিয়া
পেচালৰ সূত্রপাত
হয়। গতিকে ২
নং আৰু
৩ নং ভায়েকে ডাঙৰ
ভায়েকৰ পৰা
ফালৰি কাটি পৃথক
চৰু ব্যৱহাৰ
কৰিবলৈ ধৰে। বিষয়টোৱে চান্দুক আৰু
এটি মোক্ষম
আঘাত সানে। পৃথক দুয়ো ভায়েকে বজাৰত বেপাৰ বাণিজ্য
আৰম্ভ কৰে। তেওঁলোকে যেতিয়া অলপ
ভালদৰে চলিবলৈ
আৰম্ভ কৰে
তেতিয়াহে চান্দুৰ মনটো অকণমান ভাললৈ
আহে। সৰু দুটা
ভায়েকৰ লিখা
পঢ়া বেয়া
হ’ব বুলি দোকানত বহিবলৈ
নিদিয়ে। ইপিনে ওস্তাদৰ হুকুম
মৰ্মে চান্দুৱে
ইপিনে-সিপিনে বেমাৰী চোৱা
কাম আৰম্ভ
কৰি দিয়া
কাৰ্যত হয়তো
সৃষ্টিকর্তাইও তেওঁৰ ওপৰত সুদৃষ্টি নিক্ষেপ
কৰিলে। কাষৰে বড়ো
ভাইসকলৰ মতে
মাটি কাটা
চান্দি, চান্দি ডাক্তৰলৈ জনাজাত
হ’ল আৰু অন্যান্য অঞ্চলত চান্দে
ডাক্তৰ বুলি
জনাজাত হয়। চান্দুৱে বজাৰত ঔষধৰ
দোকান খোলাৰ
কথা ওস্তাদৰ
আগত ব্যক্ত কৰাত ওস্তাদে লগতে
খাটি-খুটি এটি ভেণ্ডাৰ
লাইচেঞ্চ বনাই
দিলে। ক্রমান্বয়ে চান্দু
ডাক্তৰৰ মনৰ
স্বাস্থ্যৰ পৰিধিও
বাঢ়ি গ’ল। বৰপেটাৰোডত ঔষধৰ
দোকান কৰিবলৈ
আশা থকাৰ
কথা ওস্তাদৰ
আগত প্ৰকাশ
কৰাত দলোগাঁওৰ
প্ৰাণেশ ৰঞ্জন ৰায় আৰু জিতেন
চন্দ্ৰ ৰায়ক
লগলগাই দিয়ে। তেখেত দুজনে অশেষ
কষ্ট কৰি
চান্দু ডাক্তৰৰ
প্ৰকৃত নাম
আঃ ৰছিদৰ নামত নৱম মান
শ্ৰেণীত পঢ়া
এখনি স্কুলৰ
চাৰ্টিফিকেট বাহিৰ
কৰি ডিব্ৰুগড়
মেডিকেল কলেজত
ফার্মাচীষ্ট ডিপ্লমা পাঠ্যক্ৰমত নাম লগাই
তাৰ পৰা
ফার্মাচীষ্ট পাছ
চাৰ্টিফিকেট লৈ
বিলাসীপাৰা বজাৰত
আজাদ মেডিকেল
হ’ল নামেৰে এখনি ড্রাগিষ্ট এণ্ড
কেমিষ্ট লাইচেঞ্চৰ
এখন ডাঙৰ
ফাৰ্মাচী খোলে। কিন্তু উল্লেখযোগ্য বিষয়টো
হ’ল লাইচেঞ্চ বনোৱাৰ ক্ষেত্ৰত ডাঙৰ
সমস্যা এটিৰ
মুকাবলা কৰিবলগীয়া
হ’ল চান্দু ডাক্তৰ ওৰফে
ডাঃ আঃ
ৰছিদ মিয়াৰ। সেয়া হ’ল ৰিফ্ৰেজাৰ ব্যতীত উক্ত লাইচেঞ্চ
নিদিয়ে। তেতিয়া বিলাসীপাৰাত
কাৰেণ্টৰ ‘ক’ আখৰটো নাছিল। উপায়ন্তৰ হৈ শ্বিলং,
গুৱাহাটী চলাথ কৰি
গুৱাহাটীতে কেঃ
তেলেৰে চলোৱা
এটি ৰিফ্রেজাৰ্টেৰৰ সম্ভেদ পাই গৰাকীক
লগ ধৰি
সেই ৰিফ্ৰেজাৰেটৰটো কিনি
ভাওচাৰ জমা
দিয়াৰ পিছতহে
ড্রাগিষ্ট এণ্ড
কেমিষ্ট লাইচেঞ্চখন
প্রাপ্ত হয়। চান্দু ডাক্তৰ ওৰফে
ডাঃ আঃ
ৰছিদ মিঞাৰ এই
কৃতিত্বৰ অভিলেখ
আজিলৈ কোনেও
ভাঙিব পৰা
নাই। চান্দে ডাক্তৰ
ওৰফে বা
আব্দুৰ ৰছিদ
মিয়াৰ মনৰ আশা সৰু ভায়েক
দুজনক লিখা-পঢ়া শিকাই
ডাঙৰ মানুহ
কৰিব। ডাঙৰ ডাক্তৰ
বনাব ইঞ্জিনিয়াৰ
বনাব। অলেখ অযুত আশা বুকুত সাৱটি
সৰু ভাই
দুটাক হোষ্টেলত
ৰাখি পঢ়াবলৈ
ধৰিলে। ভায়েক দুজনৰ
মস্তিষ্ক উৰ্বৰা
কৰণৰ বাবে
ডাঙৰ ভায়েকে নানা
ধৰণৰ মেডিচিনৰ
পৰা আৰম্ভ
কৰি গাখীৰ
ফল-মূল ও
অন্যান্য পুষ্টিকৰ
খাদ্য নিজে
নেখাই পৰিয়ালক নুখুৱাই কান্ধত ভাৰ
বহন কৰি
লৈ গৈ
ভায়েকসকলক খুৱাইছিল। এইবিলাক দৃশ্য প্রত্যক্ষ
কৰি কোনো
কোনোৱে তেখেতক কৈছিল—
“ঐ চান্দে নিজে নাখাই
ভায়েকক খুৱাই
মানুহ কৰি
আছা নহয়,
চাবি পৰিণামত
তই বাটত
পৰি কান্দিব লাগিব।”
তেতিয়া চান্দু
হেলাৰঙে তেখেতসকলক
উত্তৰ দিছিল
মোৰ সৰু
ভাইসকল ডাঙৰ
মানুহ হ’ব,
ডাঙৰ ডাক্তৰ হ’ব,
ডাঙৰ ইঞ্জিনিয়াৰ
হ’ব। তেওঁলোকৰ বাবে
মই সন্মান
পাম। এই আশাৰে
এজনক বি.এছ.চি.
পাছ কৰালে।
কম নম্বৰ
পোৱাত অসমৰ
কোনো মেডিকেলত
চিট নাপাই
শেষত গাঁৱৰে
মুৰব্বী মানুহ
মাননীয় সফিউদ্দিন
মুন্সী চাহাবক লগত
লৈ আগৰতলা
মেডিকেল কলেজৰ
অধ্যক্ষ মহোদয়ক
কাকূতি-মিনতি কৰি বিফল
হোৱাত উপায়ন্তৰ
হৈ নিকটতম নৱ
মিলন হাইস্কুলৰ
কাৰ্যকৰী কমিটিৰ
সভ্যসকলৰ হাতে
ভৰিয়ে ধৰি
স্কুলখনত বি.এছ.চি.
পদত চাকৰি
লৈ দিলে। তাৰ পিছত
বিয়াবাৰু কৰাই
দিয়ে। ইয়াৰ আগত
মানে কলেজত
পঢ়ি থকাৱস্থাত
কথা প্ৰসংগত
কৃতজ্ঞতা প্রকাশৰ সুৰত এবাৰ এই
বি.এছ.চি.য়ে কৈছিল
যে মোৰ
শৰীৰৰ ছালেৰে
দাদাৰ ভৰিৰ
জোতা বনাই
দিলেও মোৰ
ঋণ পৰিশোধ নহ’ব। মানুহে যে
কেৱল তাৰ
স্বাৰ্থ সিদ্ধিৰ
বাবে এই
হেন বাক্য
প্রয়োগ কৰে
এয়া এই
শিক্ষিত ভাই
বি.এছ.চি.ৰ আচৰণে প্ৰমাণ কৰিলে। চান্দে ডাক্তৰৰ
সপোন দিঠকত
পৰিণত নহ'ল৷ বিয়া
বাৰু কৰোৱাৰ
পিছতেই দীর্ঘ
দিন দৰমহা
পাতি ঘৰত দিয়া বন্ধ কৰি
দি এদিনাখন
কথা নাই
বতৰা নাই
পৃথক চৰুত
ভাত ৰান্ধি
খোৱা আৰম্ভ
কৰে। মানুহৰ বিপদ
যেতিয়া আহে চাৰিওফালৰ
পৰা আহে। চান্দে ডাক্তৰে একেবাৰে
সৰু ভায়েকক
মৰম কৰি
অভাৰচিয়াৰ পঢ়িবলৈ
দিছিল। তেওঁকো হোষ্টেলত ৰাখি
পঢ়াইছিল। কিন্তু কি
হ’ব?
সিও সকলোকে
অন্ধকাৰত ৰাখি
বিবাহিতা অশিক্ষিতা
এগৰাকী তিৰোতা মানুহক
বিয়া কৰাই
ডাঙৰ ভায়েকৰ
কল্পিত সপোন
পুৰীত অদৃশ্য
জুইৰে পুৰি
ছাৰখাৰ কৰি
চান্দে ডাক্তৰৰ
শেষ সম্বল আশাৰ
ঘৰ ভাঙি
চুৰমাৰ কৰি
হৰিষে বিষাদ
ঘটালে। ড্রাগ লাইচেঞ্চৰ
দোকানখন দিয়াৰ
প্ৰাকমুহূৰ্তত ৩
নং ভায়েক চোফিউদ্দিন (আবু ছফিয়ান)
তিনি সন্তান
সহ পত্নী
চিৰতৰে এৰি
বসন্ত বেমাৰৰ
অজুহাতত এই
পৃথিৱীৰ পৰা
বিদায় মাগে। যদিও চোফিউদ্দিন
পৃথক আছিল
তথাপি তেওঁৰ
মৃত্যুৰ পিছত
এই তিনিজন
সন্তান মানুহ
কৰি গঢ়ি
তোলাৰ সমুদায় দায়-দায়িত্ব নিজৰ
কান্ধত চপাই
লৈ গোটেই
কেইটাকে লৈ
একেটা কাঁহীতে
খাব ধৰে। চান্দে ডাক্তৰৰ কলিজাটো অকণমান পূৰঠ বেছি
আছিল বাবেই
সম্ভৱ এই
সমুদায় শোক
তেওঁ সহ্য
কৰিব পাৰিছিল।
নিজৰ জীৱনক
তুচ্ছ জ্ঞান
কৰি তুলি-তালি মানুহ
কৰা সৰু
ভায়েক বি.এছ.চি.য়ে এদিনাখন
চান্দে ডাক্তৰে
ঘৰত নথকাৰ সুযোগলৈ
দিনটোৰ ভিতৰতে
ঘৰ ভাঙি
লৈ বেলেগ
ঠাইত গুচি
গ'ল। এই ডাঙৰ
দাদাক এবাৰো
কোৱাৰ প্রয়োজনবোধ নকৰিলে। হায়ৰে শিক্ষিত সৰু
ভাই!
সন্ধিয়া চান্দু
ডাক্তৰ ঘৰলৈ
প্ৰত্যাৱৰ্তন কৰি
ঘৰৰ পৰিৱেশ
চাই মাথো অজ্ঞান হৈ মাটিত
বাগৰি পৰিৰবলৈ
বাকী আছিল। মাত্ৰ মুখেৰে উচ্চাৰণ
কৰা শুনা
গৈছিল ইয়াৰ
কাৰণে গাৰ
তেজ পানী কৰি ইমান শিক্ষিত
কৰাইছিলো!! যিয়ে নহওঁক ভালেই
হ’ল । একেবাৰে সৰু
ভায়েক যাক
অভাৰচিয়াৰ পঢ়িবলৈ
দিছিল
সি দ্বিতীয়
বিবাহিতা ঘৈণীয়েকক
লৈ ঘৰত
প্ৰৱেশ কৰিবৰ
সাহস নাপালে
দুটা বছৰ। শেষত আহিল। কি কৰিব
আৰু চবতকৈ সৰু
ভাই। ইয়াৰ মূলতে
কাৰ্য কৰিলে
ঘৈণীয়েক হালেমন
নেছাই। ঠাণ্ডা লাগি
জ্বৰ হৈ
লিখা-পঢ়া বেয়া হ’ব বুলি
কোনো দিনেই
কোনো কাৰণত
গৰম পানী
ব্যতীত ঠাণ্ডা
পানী স্পৰ্শ
কৰিবলৈ নিদিয়া
সৰু ভাইতকৈও
অধিক প্রিয় এই দেওৰসকলৰ অনুপস্থিতি,
সিহঁতৰ মুখৰ
ভাবী মাত
আৰু আব্দাৰ
কিমান দিন
আৰু নুশুনা
হৈ থাকিব। সেয়ে স্বামী চান্দে ডাক্তৰক
বুজাই বঢ়াই
সকলো মাফ
কৰাই দিলে। এই মাফ পৰ্বৰ
পৰা বি.এছ.চি.কো বাদ
নিদিলে। কিন্তু সেয়া
সমূদায় বি.এছ.চি.ৰ অহংকাৰ দৈত্যটোৱে পৰিপূৰ্ণভাবে
গিলি থৈছে। কিন্তু, যিমান যি
হ’লেও কি
হ’ব। তেওঁলোকৰ এই দাগ যে বালিৰ
বুকুত পৰা
নাই এয়া
যে চান্দে
ডাক্তৰৰ নিমজ
কলিজাত বহি
গৈছে। এয়া মুঠেও
মুচিব পৰা
সম্ভৱ নহ'ল।
সময়ত তিনি
নং ভায়েক
চোফিউদ্দিনে এৰি
যোৱা তিনিজন
পুত্ৰক লালন-পালন কৰি
লিখা-পঢ়া শিকাই ডাঙৰজনক বিয়া বাৰু কৰাই
অনাগত দিনত
যাতে কোনো
অসুবিধা নহয়
সেই পিনে
লক্ষ্য ৰাখি
চৈধ্য বিঘা
মাটি প্রদানে
পৃথক কৰি ঘৰ বাৰী কৰি
পৃথক ঘৰত
তুলি দি
আকৌ এবাৰ
তেওঁৰ বিশাল
আৰু মহানুভৱতাৰ
প্ৰমাণ দাঙি
ধৰে। নিজৰ সন্তান সন্ততি ডাঙৰ দীঘল
হৈ উপার্জনক্ষম
হোৱাৰ আগতেই
তেখেতে মৃত্যুক
সাৱটি ল’বলগীয়া হ’ল। মৃত্যুৰ সময়ত/পিছত মানুহে এটা
বিষয়তহে সমালোচনাত
মুখৰ হোৱা
দেখা গ'ল সেয়া হ’ল ভাই দুজনক চান্দে
ডাক্তৰে শিক্ষিত
বনাইছে হয় কিন্তু
মানুহ কৰি
গঢ়িব পৰা
নাই। চান্দে ডাক্তৰে
এটা শিক্ষিত
জানোৱাৰ বনাই
থৈ গ'ল। যিয়ে নিজৰ
গাৰ ছালেৰে
দাদাৰ ভৰিৰ
জোতা বনাই
দিলেও তাৰ
ঋণ পৰিশোধ
নহ'ব বুলি দম্ভালি মৰা
সেই শিক্ষিত
চাকৰি কৰা
মৰমৰ সৰু ভায়েকে অৱশেষত দাদাৰ
অন্তিম পৰ্যায়ত
প্রয়োজনীয় মার্কিন
কাপোৰ টুকুৰাও
কিনি দিবলৈ
তাৰ পইচাই
নাটিলে, অথবা মিছাতে পইচা খৰচ
কৰাৰ প্ৰয়োজন
অনুভৱ নকৰিলে। হায়্ৰে শিক্ষিত! ধিক তাৰ শিক্ষাক!
এনেকৈ মানুহে
নানা সমালোচনা কৰা
দেখা গ'ল। এতিয়াও মানুহে
কথাৰ ছলত
সমালোচনা কৰা
দেখা যায়। তাৰোপৰিও তেখেতৰ এই কার্যকলাপ প্রত্যক্ষ কৰি
বহুত মানুহে
সৰু ভাইক
লিখা পঢ়া
কৰোৱাৰ পৰা
বিৰত থকাও
দেখা গৈছে।
শিক্ষা ঃশিক্ষা বিষয়ক
আলোচনা প্ৰৱন্ধৰ
মাজ ডোখৰত
উল্লেখ কৰা
হোৱা বাবে
এইখিনিত দুনাই
আলোচনা নিষ্প্রয়োজন বুলি
ভাবি বিৰত
থাকিলো। মুঠতে কথা
যে,
শিক্ষাৰ প্ৰতি
অগাধ ধাউতি
থকা বাবেই
তৃতীয় শ্রেণীত
উত্তীর্ণ হোৱাৰ পিছত
বিয়াবাৰু কৰি
সংসাৰ ধৰ্ম
নিষ্ঠাৰে পালন
কৰি লগতে
দৰিদ্ৰতাৰ লগত
তয়া-ময়া যুদ্ধ অব্যাহত
ৰাখিও শেষ পর্যন্ত
ডিব্ৰুগড় মেডিকেল
কলেজৰ পৰা
ফাৰ্মাচীষ্ট ডিপ্লমাধাৰী
হোৱা বিষয়টো
তেখেতৰ বিদ্যা-শিক্ষাৰ প্ৰতি
থকা এই ধাউতি
নৱ প্ৰজন্মৰ
আদৰ্শৰ চানেকি
হৈ আছে।
শিক্ষাৰ ধাউতি
থকা বাবেই
আৰু শিক্ষাই
যে সমাজ
উন্নয়নৰ একমাত্র
মাধ্যম এই
কথা অনুধাৱন
কৰিয়ে তেখেতে দুখীয়া ঘৰৰ ল'ৰা-ছোৱালীক নিজ
খৰচত লিখা-পঢ়া শিকাই
চাকৰি-বাকৰি ও জীৱনৰ সংস্থাপনৰ ব্যৱস্থা
কৰি দিয়া বিষয়টো আজিও প্রত্যক্ষদৰ্শীসকলৰ মনত জাজ্জ্বল্যমান হৈ
আছে। উদাহৰণস্বৰূপে আলহাজ
আয়নাল হক
(মাষ্টৰ) আৰু আঃ ছোভান (মাষ্টৰ) উল্লেখযোগ্য। সেই তাহানী
কালত তেখেতৰ
ঘৰত আঠ
দহজনকৈ ছাত্র-ছাত্রী সদায়
থাকিছিলেই। যেন এয়া তেখেতে
মুকলি কৰি
দিয়া বিনামূলীয়া
ছাত্রাবাসহে। আজিৰ যুগত
তেনে দৃশ্য
বিৰল। এইহেন দৃশ্যৰ
পুনৰাবৃত্তি সমাজ গঠনত
বা সমাজ
উন্নয়নত অত্যধিক
ইন্ধনত পৰিণত
হ'ব।
উদাৰতা ঃদুখীয়া
নিছনাক দান
দক্ষিণা কৰাৰ
ক্ষেত্ৰত তেখেতৰ
সোঁহাতখন আছিল
অতি বিস্তৃত
আৰু অধিক
কার্যক্ষম। উল্লেখযোগ্য বিষয়টো হ’ল—
তেখেতে ঘৰত
দুটাকৈ গৃহ
সদায় আছুতীয়া
কৰি ৰাখিছিল
তাৰে এটা
কেৱল পঢ়া-শুনা কৰা ছাত্র-শিক্ষকৰ বাবে
আৰু আন
এটা ৰাখিছিল
অন্যান্য অতিথিসকলৰ
বাবে। প্রত্যক্ষ দর্শীৰ
ভাষ্য মর্মে
চান্দে ডাক্তৰৰ ঘৰ সমন্বিতে তেখেতে
আছিল নিৰাশ্ৰয়াৰ
আশ্রয়স্থল। মাথো যে
মানুহৰেই আশ্রয়স্থল
তেখেত আছিল
তেনে ভাবিলে তেখেতৰ ওপৰত একপক্ষীয়
বিচাৰ কৰি
তেখেতৰ ওপৰত
অন্যায় কৰা
হ’ব। কাৰণ বন্য
চৰাই-চিৰিকতিৰ লগতে পোহনীয়া জীৱ-জন্তুৰ সমাহাৰে
তেখেতৰ ঘৰখন
সদায় মুখৰিত
হৈ থাকিছিল। তেখেতৰ বাৰীত থকা
প্ৰতিটো তামোল গছত থকা টোকোৰা
চৰাইৰ বাহবোৰে
পথিকৰ দৃষ্টি
আকৰ্ষণৰ কেন্দ্ৰ
বিন্দু আছিল। তাৰোপৰি ঘনচিৰিকা, শালিকা, ফেঁচা, বগলী, বাদুলী, কাউৰী, কুকুৰা, পাৰ,
কপৌ,
কত প্ৰজাতিৰ
পক্ষীৰ যে
আশ্ৰয়ৰ স্থল
আছিল তাৰ
প্ৰকৃত হিচাপ
দাখিল কৰা মুঠেই
সম্ভৱ নহয়। চান্দে ডাক্তৰৰ এই
আদৰ্শই নৱ
প্ৰজন্মক প্রকৃতি
ৰক্ষাৰ ক্ষেত্ৰত
প্ৰেৰণা যোগোৱাৰ
স্থল আছে।
আদর্শ খেতিয়ক
ঃতেখেত খেতিয়কৰ
আদৰ্শ বুলি
এই কাৰণেই
মানিব লাগিব
যে ষাঠি
বিঘা মাটিত
তেওঁ সেই
তাহানি কালতেই বৈজ্ঞানিক
পদ্ধতিৰে খেতি
কৰি চৰকাৰৰ
দৃষ্টি আকৰ্ষণ
কৰি সম্বৰ্ধনা
প্রাপ্ত হৈছিল। নিজে হাতে কামে
লাগি থাকি নোৱাৰিলেও
চাৰি পাঁচজন
কৈ বছৰেকীয়া
বনুৱা ৰাখি
খেতি-বাতি কৰিছিল। কুৰি-পঁচিশ বিঘাৰ পৰা
চল্লিশ বিঘা পর্যন্ত মৰাপাটৰ খেতি
কৰি সত্তৰ-আশী-এশ জনলৈকে
কৰ্মীৰ দ্বাৰা
প্ৰতিদিনে কাম
কৰোৱা এই
বিষয় নৱ
প্ৰজন্মৰ বাবে আদর্শ হৈ আছে।
ধর্মীয় দিশ
: চান্দে ডাক্তৰ
সৰুৰে পৰাই
সততা আৰু
অতি নিষ্ঠাৰে
কালাতিপাত কৰিছিল। তেখেত বাৰ বছৰ
বয়সৰ পৰাই ফৰজ নামাজ
কাজা কৰা
নাছিল। ১৯৯০ দশকৰ
প্ৰথমাৰ্দ্ধত অতি
মৰমৰ, অতি শ্ৰদ্ধাৰ তেওঁৰ
চকুৰ মণি
যাৰ গৰ্ভত
দহ মাহ দহ
দিন কাল
যাপন কৰি
যাৰ পৰশত
ডাঙৰ হ’ল,
যাৰ আশীৰ্বাদৰ
ফলস্বৰূপে মাটি
কটা চান্দেৰ
পৰা চান্দে
এজন প্রথিতযশা ডাক্তৰ
হ’ল সেই মায়েকে তেওঁক
সম্পূৰ্ণ ৰূপে
একাষৰীয়া কৰি
ইহসংসাৰৰ পৰা
বিদায় মাগে।
—এই শোক পাতল হওঁতে নহওঁতেই
অতি মৰমৰ
সৰু ভায়েকে
এজন পুত্র
সন্তান, চাৰিগৰাকী কন্যা সন্তান
সহ পত্নীক
তেওঁৰ ওপৰত চপাই থৈ ইহলীলা
সম্বৰণ কৰে। তাৰপিছত গোষ্ঠীগত সংঘৰ্ষত
ঘৰ জ্বলিল
ফার্মাচী জ্বলিল,
বিশ অশ্ব
শক্তি সম্পন্ন মটৰেৰে চালু কৰা
ৰাইচ মিলটোও
জ্বলি যায়। অৱশেষত ২ নং ভায়েকে একমাত্র
পুত্র, পুত্র-বোৱাৰী নাতি-নাতিনীক তেওঁৰ কান্ধত
চপাই মৃত্যুক
সাৱটি লোৱাত
ডাঙৰ দাদা
চান্দে ডাক্তৰ
যাৰপৰ নাই
মানসিকভাবে ভাঙি
পৰে। গাঁও জ্বলাই দিয়া সময়ত সৰু
ভায়েক বি.এছ.চি.ৰ ঘৰটো নজ্বলা দেখি
পৰম সন্তোষ
লাভ কৰে।
নানা কাৰণত
তেখেত মানসিক
শাৰীৰিক ও
অর্থনৈতিকভাবে একেবাৰে
বিপর্যস্ত হয়। মন ভাঙি যায়। একেবাৰে দুৰ্বল হৈ যায়। হয়তো ভাৱিছিল পাঁচজন
ভাই-ককাইৰ ভিতৰত
এতিয়া দুজন
থকাৱস্থাত হয়তো
সৰু ভাই
বি.এছ.চি.য়ে তেওঁক চিকিৎসা
কৰাব বুলি
ভাৱিছিল কিন্তু
সেই আশা
বুকুত বান্ধিয়ে
মাটিৰ ঘৰত
যাবলগীয়া হ’ল। ২০০৩ ইং
চনত জুন মাহৰ
১৮ তাৰিখে
আবেলি মছজিদত
আছৰৰ নামাজ
জামাতত আদায়
কৰি ঘৰলৈ
যাওঁতেই আগচোতালত
অজ্ঞান হৈ পৰি
তাতেই শেষ
নিশ্বাস ত্যাগ
কৰে। চিকিৎসাতো দূৰৰে
কথা ঘৰলৈ
নিয়াৰ সময়ো
নহ'ল। মৰাৰ সময়ত তছবিহডাল হাততেই আছিল। তেখেত ত্বৰিকতৰ এজন
ঘোৰ ভক্ত
আছিল। যিহেতু বিলাসীপাৰা
বজাৰ সৃষ্টিৰ
মূলত তেখেতৰ গেলামালৰ
দোকানখনেই প্রতিষ্ঠাপক
দোকান আছিল
সেয়ে তেখেতৰ
চিৰ বিদায়ৰ
বেলিত সকলো
দোকান পোহাৰ স্কুল
প্রতিষ্ঠান বন্ধ
ৰাখি তেখেতক
সন্মান যঁচা
বিষয়টো উল্লেখযোগ্য।
পৰিশিষ্টঃসাধনাৰ ফল লাহে
লাহে ফলে। সেয়ে তেখেতৰ জীৱদ্ধশাত
বৰপেটাৰোডৰ উত্তৰাঞ্চলত
তেখেত প্রথম ফার্মাচীষ্ট, প্রথম ড্রাগিষ্ট
এণ্ড কেমিষ্ট
অনুজ্ঞাপত্ৰধাৰী প্ৰথম
ব্যৱসায়ী। তেওঁৰ পৰিয়ালেই
প্রথম বি.এছ.চি.
পাছ,
প্রথম মেট্ৰিকত ষ্টাৰ
মাৰ্ক প্ৰাপক,
ডিগ্রীত প্রথম
স্থান প্রাপক,
মেট্ৰিকত প্রথম
স্থান প্রাপক,
এম.বি.বি.এছ.
পাছ,
বাদ্যযন্ত্ৰত স্নাতক উপাধি প্রাপক, উকীল, ও চিপাহী পদত থকাৰোপৰিও
কবি সাহিত্যিক,
সমাজ সেৱক,
সাংবাদিক আদি
বিশেষণ যুক্ত হৈ তেখেতৰ এই
পৰিয়াল এই
অঞ্চলত উজ্জল
নক্ষত্ৰৰ দৰে
জিলিকি আছে। তেখেতক ধৈৰ্যৰ প্ৰতীক
বুলি এই
কাৰণেই মানিব লাগিব
যে নিজৰ
জন্ম দাতা
পিতৃ-মাতৃ, পুত্র কন্যা,
নিজৰ সহধর্মিণী
হালেমন নেছা
আৰু একমাত্ৰ
সৰু ভাই বি.এছ.চি.
ব্যতীত চবেই
যেতিয়া মৃত্যুৰ
সোৱাদ হণ
কৰিলে তেতিয়া
তেখেতে বুকুৰ
শোক বুকুত
চপাই সকলোকে আশ্বস্ত কৰিছিল। বিধিৰ বিধান
অখণ্ডণীয় বুলি
ভাৱি আৰু
এয়া পূৰ্ণ
বিশ্বাসত নিজ
মনত স্থাপন
কৰি সকলোকে
সান্ত্বনা প্ৰদান কৰিছিল। যিকোনো পৰিস্থিতি চম্ভালি
মানুহক বুজাব
পৰা ক্ষমতা
তেখেতৰ যথেষ্ট
আছিল কাৰণে
জনমানসত তেখেত ধৈৰ্যৰ
প্ৰতীক বুলি
বিবেচিত হৈছিল। তেখেত অসমীয়া, বাংলা, ইংৰাজী, হিন্দী, উর্দু, এৰাবীক, ফাৰ্চী ভাষা জনাৰ উপৰিও বড়ো
ভাষাত জ্ঞান
যথেষ্ট আছিল। তেখেতৰ মৃত্যুৰ বহু
আগমুহূৰ্ততেই জীৱিত
থকা একমাত্ৰ
সৰু ভায়েকে জ্বালা
যন্ত্রণা দিলেও
এটিয়ে মাত্র
সহোদৰ সৰু
ভাই হিচাপে
সমূদায় মাফ
কৰি বুকুত
আকোৱালি লয়
যদিও
সেইখিনিতো বেচেৰাই
মৰণৰ সময়তো
ভায়েকে দিয়া
দুখ বুকুত
আঁকোৱালি সিপুৰীলৈ
যাবলগীয়া হ'ল।
১৯৯৪ ইং
চনৰ গোষ্ঠী
সংঘৰ্ষত চান্দে
ডাক্তৰৰ ৰাইচ
মিলটোও জ্বলি
যায়। চান্দে ডাক্তৰে
কেম্পৰ পৰা
উভতি আহি মিলঘৰটো জ্বলি থকা
দৃশ্য দেখিবলৈ
পায়। সৰু ভায়েক
বি.এছ.চি.ৰ ঘৰ জ্বলা নাছিল
যদিও দাদাই
আশানুৰূপভাবে সৰু ভায়েকৰ ঘৰত আশ্রয়
নেপালে। উপায়ন্তৰ হৈ
পুৰণি ভেটিতে
এটি চালি
বান্ধি থাকিবলৈ
ধৰে। তথাপিও দাদায়েকে অফুৰন্ত আশা বুকুত
বান্ধি পুৰি
থকা মিলঘৰটোৰ
পৰা ২০
অশ্ব শক্তি
সম্পন্ন বৈদ্যুতিক
মটৰটো খুলি
সৰু ভায়েকৰ ঘৰত থয়। হয়,
সেই সময়ত
সৰু ভায়েক
বি.এছ.চি.
ঘৰত নাছিল। দাদাই ভাৱিছিল বোৱাৰীয়েকে
একো নক’লে বুলি ভায়েকেও একো নক’ব। ভৱা কথা
নহয় সিদ্ধি
বাটত আছে
কণা বিধি। বি.এছ.চি.য়ে ঘৰত
আহি মটৰটো
চাই ঘৈণীয়েকৰ মুখৰ পৰা শুনি
লগে লগে
কামলা এটা
মাতি আনি
তেওঁৰ ঘৰত
এই হেন
বস্তুৰ ঠাই
নহয় বুলি
ঠেলাত তুলি
পঠিয়াই দিলে দাদা
চান্দ ডাক্তৰৰ
চালিৰ তললৈ। এই দৃশ্য প্রত্যক্ষ
কৰি ৰাইজেও
মর্মাহত হৈছিল
আৰু তেওঁক
পিশাচ বুলি ককৰ্থনা কৰাও তেতিয়া
শুনা গৈছিল।
মুঠতে চান্দে
ডাক্তৰৰ চৰিত্ৰাৱলীৰ
লগতে কৰ্মাৱলী
আদৰ্শৰ আৰ্হি
হিচাপে মানি
লোৱাৰ যথেষ্ট
থল আছে।•
: : :
মৌলবী শ্বাহ
ছৈয়দ মোশ্বাৰাফ
হুছেইন খান
ছিদ্দিকী (হিৰু মৌলবী)
:
তাজমিনা নাছৰিণ
জাহোৰপাম
সকলো প্রশংসা
আল্লাহ তালাৰ
বাবে যিয়ে
তেওঁৰ সৃষ্টিৰ
শ্ৰেষ্ঠ বান্দাৰ
হিদায়তৰ বাবে
যুগে যুগে
পীৰ,
ওলি,
নবী ৰছুল সকলক
পৃথিৱীত প্ৰেৰণ
কৰিছিল। এই পৃথিৱীৰ
মানুহক হিদায়ত
কৰাৰ বাবে
আল্লাহ তালাই
১,২৪০০০ পয়গম্বৰ প্ৰেৰণ কৰিছিল। নবীসকলৰ যুগ
শেষ হোৱাৰ
পিছত ইছলাম
প্ৰচাৰৰ দায়িত্ব
দিয়া হৈছিল
পীৰ,
ওলি,
গাওছ, কুতুব দৰবেশ, আওলিয়া, আলিম-ওলামা সকলৰ
ওপৰত। এওঁলোকে ধৰ্ম
প্ৰচাৰৰ উপৰিও
মানৱ জাতিৰ
মুক্তিৰ চিন্তা কৰিছিল।
মানৱ জাতিৰ
মাজত কিছুমান
মানুহে নিজৰ
সাধনা ও
কৃত-কৰ্মৰ ফলত
পৃথিৱীত আলোকিত
হৈ থাকে। তেনে আলোকিত ও সাধনাকাৰী ব্যক্তিৰ মাজত
মৌলবী শ্বাহ
ছৈয়দ গাজী
মোশ্বাৰৰাফ হুছেইন
খান ছিদ্দিকী
(হিৰু মৌলবীৰ
বিষয়ে দু-আষাৰ লিখাৰ
প্ৰয়াস কৰিলো।
মৌলবী গাজী
মোশ্বাৰফ হুছেইন
খান ছিদ্দিকী
(হিৰু মৌলবী)ৰ জন্ম হয় ১৯১০
চনৰ ৫
মে তাৰিখত
বৰ্তমান
বাংলাদেশৰ টাঙ্গাইল
জিলাৰ অন্তৰ্গত
বাসাইল গাঁওত। বাংলাদেশ তেতিয়া ভাৰতৰ
অংগ আৰু
পূর্ববঙ্গ নামে
জনাজাত আছিল। তেখেতৰ দেউতাকৰ
নাম আছিল
মৌলবী শ্বাহ
ছৈয়দ মোহম্মদ
হুছেইন খান
ছিদ্দিকী আৰু
মাকৰ নাম
আছিল ছৈয়দ জাদী
জয়নব বেগম। সৰুৰে পৰা দেউতাকে
মৰমতে তেওঁক
‘হিৰু’ (পালৱান, বীৰ)
বুলি সম্বোধন
কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ
সেই
‘হিৰু’ নামেৰেই জনাজাত হৈ
পৰে।
হিৰু মৌলবী
এজন বিশিষ্ট
আৰু বিচক্ষণ
আলিম আছিল। অসমৰ বিভিন্ন জিলাত
তেওঁ ইছলামৰ
বাণী প্রচাৰ
কৰি ফুৰিছিল। অসমৰ বিভিন্ন
ঠাইৰ পৰা
তেওঁ ধৰ্ম
সভাৰ নিমন্ত্রণ
পাইছিল। ধৰ্মীয় সভা
বিলাকত তেওঁ
যেতিয়া ধর্মীয়
বাণী প্ৰচাৰ কৰিছিল। তেতিয়া মানুহে নিজক
পাহৰি সম্পূর্ণভাবে
তেওঁৰ বাণীৰ
মাজত মিলি
গৈছিল। ধর্মীয় জলছাহত
যেতিয়া তেওঁৰ
আগমন হ’ব বুলি ৰাইজে গম
পাইছিল, তেতিয়া সেই জলছাহত
মানুহৰ সোঁত
বৈছিল আৰু
জলছাহত মানুহৰ ভিৰ
অতিৰিক্ত হৈছিল। ধৰ্মীয় জলছাহত যেতিয়া
তেওঁ ওয়াজ
নছিহত কৰিছিল
আৰু আল্লাহ
আৰু তেওঁৰ
পয়গম্বৰৰ বাণীবিলাক
মানুহক তন্নতন্নকৈ
বুজাই দিছিল। তেতিয়া সেই বাণীবিলাক
হৃদয়ঙ্গম কৰিব
পাৰি মানুহে কান্দোনত ভাগি পৰিছিল। মানুহৰ মাজত সদায়
প্ৰচাৰ চলাইছিল
যে হিৰু
মৌলবী চাহাব
যতেই ধর্মীয়
জলছাহত যোগদান কৰে
ত’তেই যেন
বৰষুণৰ ঢল
বয় অর্থাৎ
সকলো মানুহ
আল্লাহ, ৰছুলৰ ইষ্কত কান্দি
কান্দি আপোন
পাহৰা হৈ যায়
আৰু তেওঁৰ
খ্যাতি দেশৰ
বিভিন্ন ঠাইত
বিয়পি পৰে৷
হিৰু মৌলবী
চাহাবৰ জীৱন
নানা বৈচিত্ৰতাৰে
ভৰা আছিল। তেওঁৰ কথা আৰু
কামৰ মাজত
সদায় মিল
আছিল। বিভিন্ন স্কুল, কলেজ মাদ্রাছা আদি
অনুষ্ঠানত মুখ্য
বক্তা, আমন্ত্রিত বক্তা, নির্দিষ্ট বক্তা হিচাপে
আমন্ত্রণ পাইছিল। সভাৰ মুকলি অধিৱেশনত মন্ত্ৰমুগ্ধ
ভাষণ প্রদান
কৰি সকলোকে
মোহিত কৰিছিল। যিকোনো মেল মিটিঙত
তেওঁ যিমানেই ভাষণ প্রদান কৰিছিল
তাৰ মাজত
শিক্ষাৰ কথাটো
তেওঁ কমন
ৰাখিছিল। ইছলাম ধৰ্মৰ
ধৰ্মগ্রন্থ আলকোৰাণৰ
উদ্ধৃতি দি তেওঁ কৈছিল— হে মানৱ, তোমালোকে শিক্ষা দীক্ষা
অৰ্জন কৰা
যদিও তোমালোকে
সুদূৰ চীন
দেশত গৈ
হ’লেও কৰিব লাগে। শিক্ষা দীক্ষা নহ'লে তোমালোকে
নিজক, আনক, নিজৰ জাতিক,
নিজৰ দেশক
আগুৱাই নিব
নোৱাৰিবা। এই মহান ধর্মীয়
আলিমজনে তেওঁৰ
আগ জীৱনত
শিক্ষক হিচাপে
নিজৰ কাম-কাজ আৰম্ভ
কৰিছিল। নিজৰ ঘৰতে
স্কুল
স্থাপন কৰি
তেওঁ সেই
শিক্ষাহীন সমাজৰ
ঘৰে ঘৰে
গৈ নিৰক্ষৰ
মানুহক তেওঁৰ
স্কুলত মাতি
আনি শিক্ষাদান
কৰিছিল। সেই শিক্ষাদানৰ বিনিময়ত
তেওঁ কোনো
পাৰিশ্ৰমিক লোৱা
নাছিল। তাৰ বাবে
তেওঁ সমাজৰ
অতি প্রিয়
ব্যক্তি হিচাপে পৰিগণিত হৈছিল। শিক্ষা উপলক্ষে
তেওঁ হজৰত
মহম্মদৰ (ছঃ) এষাৰ কথা
ৰাইজৰ মাজত
প্ৰচাৰ কৰিছিল। কথাটো এনে ধৰণৰ, কোনো এখন যুদ্ধত
হজৰত মহম্মদৰ
হাতত তেওঁৰ
বিৰোধী শিবিৰৰ
কিছুমান কাফিৰ
(বিধৰ্মী) বন্ধী হৈছিল। সেই বিধর্মী মানুহবিলাক
শিক্ষিত আছিল। হজৰত মহম্মদে চৰ্ত
আৰোপ কৰিছিল
যে আপোনালোকক
এৰি দিয়া
হ’ব যদি
আপোনালোকে আমাৰ
পক্ষীয় অশিক্ষিত
মানুহক শিক্ষা
দান কৰে
তেতিয়া সেই
কাফিৰ (বিধৰ্মী) বিলাকে হজৰত মহম্মদৰ পক্ষীয় মানুহক
শিক্ষাদান কৰি
মুক্ত হৈ
গুচি গৈছিল। এই কথাবিলাক ‘হিৰু মৌলবী’ চাহাবে ৰাইজৰ আগত দাঙি ধৰি শিক্ষাৰ
প্ৰতি থকা
তেওঁৰ গভীৰ
অনুৰাগৰ কথা
দাঙি ধৰিছিল।
সামাজিক জীৱনত
তেওঁ এজন
বিশিষ্ট সমাজকর্মী
হিচাপে নিজকে
প্রতিষ্ঠা কৰিছিল। সমাজত তেওঁ এজন
সাধাৰণ নাগৰিক হিচাপে
জীৱন নিৰ্বাহ
কৰিছিল। সমাজত তেওঁ
যেতিয়া সাধাৰণ
মানুহৰ দুখ-দুর্দশা, অনাহাৰে, অৰ্ধাহাৰে থকা দেখা পাইছিল, তেতিয়া তেওঁ তেওঁৰ
পৰিশ্ৰমেৰে সেই
মানুহক উদ্ধাৰ
কৰিছিল। তেওঁ নিজে
নাখাই কেতিয়াবা ভোকাতুৰ মানুহক খুৱাইছিল। তেওঁলোকক পিন্ধাইছিল আৰু
সকলো প্ৰকাৰে
সহায় সহযোগিতা
কৰিছিল।
সামাজিক জীৱনত
তেওঁ বেছিভাগ
সময় নিম্নস্তৰৰ
(দুৰ্বল) আৰু পিছপৰা শ্ৰেণীৰ
লগত বেছি
সময় অতিবাহিত কৰিছিল আৰু তেওঁলোকৰ
উন্নতিৰ চিন্তা
কৰিছিল। তেওঁ য’তেই গৈছিল
তাতেই তেওঁ
সৰু সৰু
জলছাহ (ধর্মীয় মিটিং) কৰি মানুহক
জীৱন যাত্ৰাৰ
সকলো পৰামৰ্শ
দিছিল। ইয়াৰ উপৰিও
ডাঙৰ ডাঙৰ
ধৰ্মীয় নেতা
তথা দার্শনিক
নেতাৰ লগত তেওঁৰ ভাৱ বিনিময়
হৈছিল। ইয়াৰ মাজত
উল্লেখযোগ্য আলিম
হ’ল মুম্বাই মাদ্ৰাছাৰ বিশিষ্ট
আলিম মৌলানা
কাদৰিয়া চাহাব, নাহোৰ মাদ্ৰাছাৰ অধ্যক্ষ
মৌলানা আব্বাছ
পাক,
বৰপেটাৰ বিখ্যাত
আলিম মৌলানা
মোস্তাফিজুৰ ৰহমান
চাহাব,
বৰপেটা জিলাৰ
অন্তৰ্গত জাহোৰপামৰ
মৌঃ মহিউদ্দিন
প্রমুখ্যে অন্যান্য
আলিমসকল। ইয়াৰোপৰিও বহু
ৰাজনৈতিক নেতাই তেওঁৰ
আশীৰ্বাদ বিচাৰি
তেওঁৰ বাসভৱনত
উপস্থিত হৈছিল। তেওঁলোকৰ মাজত উল্লেখযোগ্য
আছিল ভাৰতৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী
আহমেদ, অসমৰ প্ৰাক্তন শিক্ষামন্ত্রী
এম.
ইব্রাহীম আলী,
প্রয়াত আতোয়াৰ
ৰহমান চাহাব, আবিদা বেগম আৰু
অন্যান্য বহুতো। তেওঁলোকৰ পৰা তেওঁ
কোনো সুবিধা
আদায়ৰ চিন্তা
কৰা নাছিল। বৰঞ্চ তেওঁলোকক দেশৰ উন্নতিৰ
বাবে নিকা
ৰাজনীতি কৰাৰ
পৰামৰ্শ দিছিল।
হিৰু মৌলবী
চাহাবৰ বাপেক
মৌলানা শ্বাহ
ছৈয়দ হোসেন
খান ছিদ্দিকী
এজন জনপ্রিয়
মৌলানা আছিল। ডাঙৰ আলিমৰ উপৰিও তেওঁ
ইলমে তাছাউফ
(ছুফীবাদৰ) এজন ঘোৰ সমৰ্থক
আছিল। ছুফিবাদ ইছলামৰে
এটি অবিচ্ছেদ্য অংগ য’ত সত্যৰ মাজেৰে আগবাঢ়ি
ভক্তিবাদৰ দ্বাৰা
আল্লাহৰ মন
জয় কৰা
প্ৰয়াস কৰা
হয়। ছুফীবাদৰ মাজত
নাই কোনো ছলনা,
কামনা, বাসনা আৰু নিজৰ
আমিত্ব বিসর্জন
দি সম্পূর্ণভাবে
নিজক ওপৰৱালাৰ
ওচৰত সম্পন্ন
কৰা।
বিশ্বৰ ছুফীবাদৰ
মানুহবিলাক চাৰি
ভাগত বিভক্ত
আৰু এই
ভাগকেইটা হ’ল—
চিশতীয়া, কাদেৰিয়া, নক্সেবন্দীয়া আৰু মোজাদ্দাদীয়া। মৌলানা ছৈয়দ হুছেইন
খান ছিদ্দিকী
এজন চিশতীয়া
পন্থীৰ ডাঙৰ
সাধক আছিল। তেওঁৰ ছুফীবাদ প্ৰচাৰ হোৱাৰ লগে লগে
হাজাৰ হাজাৰ
মানুহ তেওঁৰ
ওচৰত আহি
শিষ্যত্ব (মুদি) গ্ৰহণ কৰিছিল
আৰু তেওঁৰ
আস্তানত সদায় হাজাৰ হাজাৰ মানুহৰ
ভীৰ জমিছিল। বৰপেটা জিলাৰ মন্দিয়া
মৌজাৰ অন্তৰ্গত
কাহিবাৰী মাণিকপুৰৰ
ঈদগাহৰ আজীৱন ইমাম
হিচাপে তাৰ
ৰাইজে তেওঁক
নির্বাচন কৰিছিল। দেউতাকৰ দৰে হিৰু
মৌলবী চাহাব
ছুফীবাদৰ এজন
বিশিষ্ট ব্যক্তিত
পৰিণত হয়। ছুফীবাদৰ সম্পূৰ্ণ শিক্ষা
তেওঁ বাপেকৰ
পৰা লাভ
কৰিছিল। হাজাৰ হাজাৰ
মানুহ তেওঁৰ ওচৰলৈ আহি বয়াত
(শিষ্যত্ব) গ্ৰহণ কৰিছিল। তেওঁৰ জীৱনত
৭০ হাজাৰ
মানুহ তেওঁৰ
ওচৰত মুদি
(শিষ্য) হৈছিল।
তেওঁৰ শিষ্যবিলাকক
তেওঁ কোৰাণৰ
এটা বাণীৰ
উদ্ধৃতি দি
কৈছিল, “লাকাদ মালাক্কনাল ইনছানা
ফি আহছানেত তাক্কবিম” অর্থাৎ মোৰ
সকলো সৃষ্টি
জীৱৰ মাজত
মই মানুহক
বেছি সৌন্দৰ্যশালী
কৰি সৃষ্টি
কৰিছো।” সেই সৌন্দর্য পৃথিৱীত কেনেকৈ ৰক্ষা
কৰিব পাৰি
আৰু পৰলৌকিক
জীৱনত সেই
সৌন্দর্য কেনেকৈ
অটুট ৰাখিব
পাৰি তাৰেই
দিহা ‘হিৰু মৌলবী’
চাহাবে তেওঁৰ
শিষ্য বিলাকক
দিছিল। হাদিছৰ আৰু
এষাৰ কথা
তেওঁ এনেকৈ
ব্যক্ত কৰিছিল,
“মান আফা নাফছাহু
ফাকাদ আবাফা
ৰাব্বাহু” অর্থাৎ যিয়ে নিজক
চিনিব পাৰিব
তেওঁ তেওঁৰ
মাবুদ (উপাস্য)ক চিনিব পাৰিব।
সেইবাবেই নিজক
চিনাৰ উপায়
বিচাৰি অগণন
মানুহ তেওঁৰ
ওচৰত ভীৰ
কৰিছিল। তেওঁ অনুগামীসকলক হাদিছ কুদছিৰ এটা
উদ্ধৃতি দি
কৈছিল, “কুলুবিল মুমেনিনা আৰশেল্লাহ”
অর্থাৎ মুমিনৰ
দিল আল্লাহৰ
আৰ্শ। ছুফীবাদে সদায় নিজৰ
দিল
(আত্মা) পৱিত্ৰ ৰাখিবলৈ শিকায়। যি দিলত আল্লাহৰ
আৰশ
(স্থান) সেই দিলত আঘাত
পালে সেই আঘাত ওপৰৱালাই পায়। তেওঁৰ বাণীবিলাক প্ৰচাৰ
হোৱাৰ লগে
লগে অসমৰ
বিভিন্ন ঠাইৰ
পৰা তেওঁৰ
ওচৰলৈ মানুহৰ সোঁত বৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হাজাৰ
হাজাৰ মানুহ
আহি তেওঁৰ
ওচৰত শৰণ
লৈছিল আৰু
তেওঁৰ বাণী
হৃদয়ঙ্গম কৰি তেওঁলোকৰ
জীৱন ধন্য
কৰিছিল। হিৰু মৌলবী
চাহাব ইমানেই
জনপ্রিয় ব্যক্তি
আছিল যে
তেওঁৰ বাপেকৰ ইন্তেকালৰ পিছত তেওঁৰ
বাপেকৰ ঈদগাহত
তাৰ ৰাইজে
তেওঁক (হিৰু মৌলবী) ৰ ঈদগাহৰ ইমাম
হিচাপে নির্বাচন কৰিছিল য'ত প্ৰায় দহ হাজাৰ
মানুহৰ সমাগম
প্ৰতি বছৰে
হৈছিল আৰু
এই দায়িত্ব
তেওঁ আজীৱন
পালন কৰিছিল। কিয়নো
তেওঁক তাৰ
ৰাইজে আজীৱন
ইমাম হিচাপে
নিযুক্তি দিছিল।
হিৰু মৌলবী
চাহাবৰ পাৰিবাৰিক
জীৱন অতি
সুখ শান্তিৰে
ভৰা আছিল। তেওঁৰ সহ-ধর্মিণী ছৈয়দ
জাদী ৰাবিয়া খাতুন অতি ধার্মিক
ব্যক্তি আছিল। ইহসংসাৰত তেওঁলোকৰ তিনিওজন
ল’ৰা আৰু
ছয়জনী ছোৱালী
বিদ্যমান। তেওঁৰ ইন্তেকালৰ ছমাহ
পিছত তেওঁৰ
ডাঙৰজনী কন্যা
ইন্তেকাল হৈছিল। তেওঁৰ ডাঙৰ ল'ৰা ছৈয়দ
তৈয়ব হুছেইন
খান ছিদ্দিকী মন্দিয়া
কলেজৰ অধ্যাপক
হিচাপে কাম
কৰাৰ উপৰিও
ছুফীবাদৰ মাজত
থাকি পীৰজাদা
হিচাপে কাম
কৰি আছে। দ্বিতীয় ল’ৰা ছৈয়দ
আয়ুব হুছেইন
খান ছিদ্দিকী
বি.এ.
পাছ কৰাৰ
পিছত চাকৰি
নকৰি ছুফীবাদৰ
মাজত থাকি পীৰজাদা হিচাপে কাম
কৰি আছে। তৃতীয় ল’ৰা মোজাহেৰ
হুছেইন খান
ছিদ্দিকী হাইস্কুলৰ
শিক্ষক হিচাপে
কার্য নির্বাহ কৰি আছে। শিক্ষাৰ প্ৰতি
গভীৰ আগ্ৰহ
থকা বাবে
তেওঁ তেওঁৰ
পৰিয়ালটোক উচ্চ
শিক্ষিত কৰিব
পাৰিছিল।
পীৰজাদা (ধৰ্মীয় গুৰু) হিচপে হিৰু মৌলবী
চাহাবে এটি
মুদি কউম
(ভক্ত সমাজ)
গঢ়ি তুলিছিল। তেওঁৰ হাজাৰ হাজাৰ ভক্তবৃন্দ
প্ৰতি বছৰে
তেওঁৰ আস্থানাত
(থকা ঠাই)
উপস্থিত হৈ
ওৰচ
(জলছাহ) পালন কৰিছিল আৰু
বৰ্তমানেও কৰি আছে। ওৰচ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে
পালন হয়। ওৰ্চ মোবাৰক প্ৰথমতে
বৰপেটা জিলাৰ
মাণিকপুৰ গাঁওত উদ্যাপিত হৈছিল। পিছত তাৰ
পৰা স্থানান্তৰিত
কৰি বৰপেটা
জিলাৰ জাহোৰপাম
গাঁওত উদ্যাপিত
হৈ আছে। এই ওৰুচতে কোৰাণ শ্বৰীফ
পাঠ,
মিলাদুন্নবি; হাদিছ
কোৰাণৰ ব্যাখ্যা,
ছুফী তত্ত্ব,
ছাদেকী ছামা
কাওয়ালী আদি
পৰিৱেশন কৰা হয়। ওৰুচৰ শেষত উপস্থিত
সকলো ভক্তবৃন্দৰ
মনোবাঞ্ছা পূৰণ
তথা বিশ্বশান্তিৰ
লগতে মানৱ
জাতিৰ মুক্তিৰ
হকে আৰেী মোনাজাত
কৰা হয়।
হিৰু মৌলবী
চাহাব তেওঁৰ
সফল জীৱনৰ
সকলো কাম-কাজ শেষ
কৰি তেওঁৰ
ওৰুচ জলছাহত
ঘোষণা কৰিলে যে অহা ওৰুচতে
তোমালোকে মোক
পোৱাৰ আশা
ক্ষীণ। সেই বাণীষাৰ
যেন সত্যত
পৰিণত হ'ল। তেখেতে ১৯৯৬ চনৰ ৮ অক্টোবৰ তাৰিখে মঙ্গলবাৰ
ভাটিবেলা ৩
বজাত পৃথিৱীৰ
মায়া মহব্বত
এৰি অজান
দেশত গুচি
গ'ল। ইন্না লিল্লাহে ওয়া
ইন্না ইলাইহে
ৰাজিউন। তেখেতৰ ইন্তেকালৰ
পিছত তেখেতক
বৰপেটা জিলাৰ
মাণিকপুৰৰ গাঁওত
দাফন কৰা হৈছিল। কিন্তু তেওঁৰ শেষ
নিদ্ৰা যোৱাৰ
আশা আছিল
বৰপেটা জিলাৰ
জাহোৰ পাম
গাঁওত। বানপানীৰ বাবে
সেয়া সম্ভৱ হোৱা
নাছিল। ইন্তেকালৰ ১৮
মাহ পিছত
যেতিয়া ব্ৰহ্মপুত্ৰ
নদীৰ গৰাখহনীয়াই
মাণিকপুৰ ভাঙি
নিয়ে, তেতিয়া তেওঁৰ হাজাৰ হাজাৰ
ভক্তবৃন্দ লগ
হৈ তেওঁৰ
‘লাশ’
মাণিকপুৰৰ পৰা
স্থানান্তৰিত কৰি
বৰপেটাৰ পৰা
৩ কিঃমিঃ পশ্চিমফালে জাহোৰপাম গাঁওত
পুনৰাই তেওঁক
দাফন কৰা
হয়। ইয়াৰ আগতো
এনেকুৱা ঘটনা
ঘটিছিল যেনেকৈ ছুফীবাদৰ শ্ৰেষ্ঠ সাধক
নিজাম উদ্দিন
আওলিয়াৰ পীৰ
শেখ ফৰিদ,
বু-আলী শ্বাহ
কলন্দৰ, বাংলাদেশৰ ছিলেট জিলাৰ অন্তর্গত শ্বাহ-জালাল আওলিয়াৰ প্ৰধান
খলিফা শ্বাহ-শ্বৰিফ আওলিয়া,
ভাৰতৰ ৰজা
শ্বাহজাহানৰ পত্নী
মমতাজ বেগম আৰু বহুতো মণিষীৰ
লাশ স্থানান্তৰিত
কৰা হৈছিল। বোখাৰি শ্বৰিফতো লাশ
স্থানান্তৰিত কৰাৰ
হাদিছ পোৱা
যায়। যিয়েই নহওঁক হিৰু
মৌলবীৰ লাশ
জাহোৰপামত দাফন
কৰি তাৰ
ওপৰত এটি
স্মৃতি সৌধৰ
নিৰ্মাণ কার্য
চলি আছে। ইয়াতে দেশ-বিদেশৰ হাজাৰ
হাজাৰ মানুহৰ
সমাগম হয়। ইয়াক ছৈয়দ গাজী
হুছেইন শ্বাহ
(হিৰু মৌলবী)
দর্গাহ নামে
জনা যায়। প্রতি বছৰে
মাঘ মাহৰ
জুনৰ ১৪
তাৰিখত ইয়াত
ওৰুচ, পালিত হৈ আছে। দেশ-বিদেশৰ অগণন
মানুহ তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰাৰ
আশা কৰি
ইয়াত আহে।•
: : :
প্রয়াত অতুল চন্দ্র
গোস্বামীৰ চমু
জীৱনী
পূৰৱী গোস্বামী,
বৰপেটা
ভাৰতৰ স্বাধীনতা
সংগ্ৰামৰ ভৰপকৰ
সময়তেই, এক সংগ্রামী পৰিৱেশৰ
মাজত ১৯৪২
চনৰ ২৭
জুলাই তাৰিখে
নলবাৰী জিলাৰ জাগাৰা গাঁৱত গোস্বামীদেৱৰ
জন্ম হয়। তেখেতৰ পিতৃ আছিল
স্বৰ্গীয় হৰিশচন্দ্ৰ
গোস্বামী আৰু
মাতৃ স্বৰ্গীয়া
দেৱযানী গোস্বামী। তেখেত পিতৃ-মাতৃৰ ছয়
সন্তানৰ ভিতৰত
জ্যেষ্ঠ সন্তান
আছিল। পিতৃ হৰিশচন্দ্ৰ
গোস্বামী জাগাৰা
হাইস্কুলৰ শিক্ষক
আছিল যাক
সকলোৱে ‘গেম মাষ্টৰ’ বুলি মাতিছিল। তেখেতে স্কুলীয়া শিক্ষাৰ
পাতনি মেলে
ঘৰৰ পৰা
প্ৰায় তিনি
মাইলমান নিলগৰ,
বাৰিষাকালত পানী
উঠা গাঁৱলীয়া ভগা-ছিগা ৰাস্তাৰে
যাবলগীয়া হোৱা
১৮৭ নং
জাগাৰা প্ৰাথমিক
বিদ্যালয়ত। বাৰিষাৰ সময়ছোৱাত
তেখেতে আনকি
এডিঙি পানী
ভাঙিও স্কুললৈ
যাব লাগিছিল। এনেদৰেই পঢ়াশলীয়া শিক্ষা
আগবঢ়াই নি
১৯৫৩ চনত
তেখেতে জাগাৰা
হাইস্কুলত চতুর্থ
শ্ৰেণীত নামভৰ্তি কৰে
আৰু সেইখন
বিদ্যালয়ৰ পৰাই
তেখেতে ১৯৬০
চনত সুখ্যাতিৰে
মেট্ৰিক পৰীক্ষাত
উত্তীৰ্ণ হৈ
নলবাৰী মহাবিদ্যালয়ত আই এ শ্ৰেণীত নাম লগায়।
সেই সময়ত
আই এ
শ্রেণী এবছৰীয়া
আছিল। আই এত
সুখ্যাতিৰে উত্তীৰ্ণ
হোৱাৰ পিছত
তেখেতে ভাৰতীয়
জীৱন বীমা
নিগমত চাকৰি লাভ
কৰে আৰু
ঘৰৰ আৰ্থিক
অৱস্থাই তেখেতক
এই চাকৰিত
যোগ দিবলৈ
বাধ্য কৰে। সেই সময়ত তেখেতে
গুৱাহাটীৰ ভোলানাথ বৰুৱা
মহাবিদ্যালয়ৰ নৈশ
শাখাত নামভৰ্তি
কৰি স্নাতক
পর্যায়ৰ শিক্ষা
আগবঢ়াই নিবলগীয়া
হয়। তেখেতে নিজৰ
কঠোৰ শ্ৰম আৰু
মেধাৰ সংমিশ্রণেৰে
অৰ্থনীতি বিষয়ত
সন্মানসহ সুনাম
কঢ়িয়াই স্নাতক
শ্রেণীত উত্তীর্ণ
হয়। গুৱাহাটী বিশ্ববিদ্যায়ত স্নাতকোত্তৰ শ্ৰেণীত তেখেতে ইংৰাজী
সাহিত্য অধ্যয়নৰ
হেঁপাহ ত্যাগ
কৰি অৰ্থনীতি
বিষয়তেই স্নাতকোত্তৰ
ডিগ্রী লাভ
কৰে।
তেখেতে অসম
লোকসেৱা আয়োগৰ
অধীনত পৰীক্ষা
দি অসম
আৰক্ষী সেৱাৰ
বাবে নির্বাচিত
হয়। কিন্তু সেই
সময়তে তেখেতে বৰপেটাৰ মাধৱ চৌধুৰী
মহাবিদ্যালয়তো অর্থনীতি
বিভাগৰ প্ৰবক্তা
পদৰ বাবে
বাছনি লাভ
কৰে। শিক্ষকতাৰ প্ৰতি
থকা এক
সর্বগ্রাসী মোহে তেখেতৰ
অসম আৰক্ষী
সেৱাৰ পিনে
আগবাঢ়ি যাব
খোজা মনটোক
ওভতাই লৈ
আহে,
আৰু ইয়াৰ
পৰিণতিতে ১৯৬৭
চনৰ ৩০ ছেপ্টেম্বৰ
তাৰিখে গোস্বামীদেৱে
মাধৱ চৌধুৰী
মহাবিদ্যালয়ত যোগদান
কৰি অধ্যাপনাৰ
জৰিয়তে জনমানসনত
ৰৈ বৈ
যোৱা তেখেতৰ এতিয়াৰ
যুগমীয়া পৰিচয়টোৰ
সূত্ৰপাত ঘটায়। খুব কম সময়ৰ
ভিতৰতে তেখেতে
মহাবিদ্যায়ৰ অৰ্থনীতি
বিভাগৰ মুৰব্বীৰ দায়িত্বভাৰো লাভ কৰে। বৰপেটাৰ সমাজখনৰ লগত
কৰ্মসূত্রে এনেকৈ
জড়িত হৈ
পৰা গোস্বামীদেৱে
এই সমাজখনৰ
সৈতে তেখেতৰ বন্ধন সুদৃঢ় কৰি
তোলে সেইসময়ৰ
বৰপেটাৰ প্ৰখ্যাত
আইনজীৱি, স্বাধীনতা সংগ্রামী, সমাজকর্মী পালাংদিহাটী নিৱাসী
জানকী মোহন শৰ্মাৰ কন্যা অনিমা
দেৱীৰ সৈতে
১৯৭০ চনৰ
১০ জুলাই
তাৰিখে বিবাহপাশত
আৱদ্ধ হয়।
ভাৰতীয় জীৱন
বীমা নিগমত
কৰ্মৰত অৱস্থাতে
নিগমৰ কৰ্মচাৰী
সংস্থাৰ জৰিয়তে
গোস্বামীদেৱে ভাৰতীয়
কমিউনিষ্ট পাৰ্টী
(মাৰ্ক্সবাদী)ৰ ৰাজনৈতিক কার্যক্রমণিকাৰ সংস্পৰ্শলৈ
আহে। প্ৰচুৰ অধ্যয়নেৰে
ঐশ্বর্যশালী গোস্বামীদেৱে
ক্ৰমাৎ পাৰ্টীৰ
সৈতে সংশ্ৰৱ
বঢ়াই তোলে,
আৰু অৱশেষত ১৯৭৪
চনত তেখেতে
ভাৰতীয় কমিউনিষ্ট
পাৰ্টী (মার্ক্সবাদী)ৰ সদস্য পদ অৰ্জন
কৰে। পাৰ্টীৰ নতুন
কৰ্মীসকলক পাৰ্টীৰ
আদৰ্শ আৰু মতবাদেৰে
শিক্ষিত কৰি
তোলাৰ বাবে
পাৰ্টীৰ দ্বাৰা
আৰোপিত জটিল
দায়িত্ব পালন
কৰিবলৈ যাওঁতে
অনেক সময়ত
তেখেতে ঘৰ সংসাৰৰ দায়িত্বক পিঠি
দিবলগীয়াও হৈছিল।
১৯৭৫ চনত
সমগ্ৰ দেশত
জৰুৰীকালীন অৱস্থা
ঘোষিত হোৱাৰ
পিছত ভাৰত
চৰকাৰে ভাৰতীয়
কমিউনিষ্ট পাৰ্টী
(মার্ক্সবাদী)কে
ধৰি বিভিন্ন বিৰোধী
ৰাজনৈতিক দলৰ
কৰ্মকৰ্তাক নাকী
লগাবলৈ যত্ন
কৰিছিল। অসমত ভাৰতীয়
কমিউনিষ্ট পাৰ্টী
(মার্ক্সবাদী)ৰ
এগৰাকী গুৰুত্বপূৰ্ণ সদস্য
হিচাপে গোস্বামীদেৱো
এই চৰকাৰী
ষড়যন্ত্ৰৰ বলি
হৈছিল আৰু
ফলশ্ৰুতিত তেখেতে
চৰকাৰৰ মনে
সজা গোচৰত
১৯ মাহ কাৰাবাস খাটিবলগীয়া হৈছিল। সেই সময়ত তেখেতৰ
পৰিয়ালে ভয়ানক
দুৰৱস্থাৰ মাজেৰে
দিন অতিবাহিত
কৰিবলগীয়া হৈছিল।
জৰুৰীকালীন অৱস্থাই
কঢ়িয়াই অনা
দুৰ্যোগৰ পৰা
মুক্তি লাভ
কৰাৰ বেছি
দিন নৌহওঁতেই
আন এক
অধিক ভয়াৱহ
দুর্যোগে গোস্বামীদেৱ আৰু তেখেতৰ পৰিয়ালক
আক্রান্ত কৰিছিল। ১৯৭৯ চনত অসমত
বিদেশী বিতাৰণ
দাবীত আৰম্ভ
হোৱা আন্দোলনটোত
ভাৰতীয় কমিউনিষ্ট পার্টী (মার্ক্সবাদী)য়ে
প্রতিমুখে অৱস্থান
গ্ৰহণ কৰা
কাৰণে অসমৰ
বিভিন্ন ঠাইত
এই দলটোৰ
নেতা-কৰ্মীৰ ওপৰত প্ৰচণ্ড
নিপীড়ন চলিছিল। ১৯৭৯
চনৰ নৱেম্বৰ
মাহৰ পৰা
গোস্বামীদেৱ আৰু
তেখেতৰ পৰিয়াল
সমাজৰ দ্বাৰা
বৰ্জিত হৈছিল৷
মাধৱ চৌধুৰী
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তেখেতৰ
শ্ৰেণী বৰ্জন
কৰিছিল, তেখেতক বিভিন্ন ধৰণে
অপমান কৰিছিল। আনকি ১৯৮৩ চনৰ
২৩ মার্চ
তাৰিখে মহাবিদ্যালয়ৰ চৌহদত তেখেতক কিছুমান
ছাত্রই শাৰীৰিক
ভাবেও অপদস্থ
কৰিছিল। এই সুদীর্ঘ
সময়ছোৱাত গোস্বামীদেৱ
আৰু তেখেতৰ
পৰিয়ালৰ সদস্যই প্ৰাণৰ
শংকাতো ভুগিছিল,
আৰু প্ৰায়ে
পলাই ফুৰিবলগীয়া
হৈছিল। বিভিন্ন অপযশ
তেখেতৰ ওপৰত
জাপি দিয়া
হৈছিল। ভূতৰ ওপৰত দানহৰ
দৰে তেখেতৰ
ওপৰত জাপি
দিয়া হৈছিল। ভূতৰ ওপৰ দানহৰ
দৰে তেখেতৰ
বেতন প্রায়
প্রায় দুবছৰ
ধৰি বন্ধ
কৰি ৰখা হৈছিল আৰু ফলত
সেই সময়ত
তেখেতৰ পৰিয়ালে
অভাৱনীয় আর্থিক
সংকটত ভুগিছিল। তেখেতৰ ভাতৃ অতুল
চন্দ্ৰ গোস্বামী
দেৱৰ
‘ঠিকনাবিহীন দাদালৈ
এখন চিঠি’
নামৰ লিখনিৰ
পৰা প্ৰাণৰ
মমতাত কিদৰে
পলাই ফুৰিছিল
তাৰ উমান
পোৱা যায়।
“১৯৮০ চনৰ
২ জুলাই। স্থান জাগাৰা। পুৱতি নিশাই
শুনিলো ঘাটক
বাহিনীৰ কিৰিলী। সিহঁতৰ মুখ্য উদ্দেশ্য
আছিল তোক
হত্যা কৰা। কিন্তু
যি অঞ্চলৰ
ৰাইজৰ কলিজাৰ
কোঁহে কোঁহে
সোমাই আছ
তই,
তাৰ পৰা
তোক ধৰি
নিয়া সম্ভৱনে?
গাঁৱৰ বুঢ়া-মেথা, জীয়াৰী-বোৱাৰী সকলোৱে তোক
আৱৰি ধৰিলে। কোনোবাই ঘৰৰ পৰা
লৈ আহিল
দৈ থোৱা
মলা এটা। কোনোবাই মলাটোত দুটামান
সৰু সৰু
ফুটা কৰি দিলে।
তই এডিঙি
পুখুৰী এটাত
পানীত থিয়
হৈ মূৰটো
মলাটোৰে ঢাকি
থিয় হৈ
থাকিলি। ঘাটক বাহিনী
হয়তো পুখুৰীটোৰ
পাৰলৈ আহিছিল। তোৰ পৰা
৮/১০ ফুট
দূৰত থিয়
হৈছিলহি। চকুত বন্য
নৃশংকতা লৈ
তোক বিচিৰিছিল। তই মলাটোৰ ফুটাৰে
সিহঁতক দেখিছিল।
সন্মুখত সাক্ষাৎ
মৃত্যু দেখিও
প্রচণ্ড সংযমেৰে
থিয় হৈ
আছিলি এডিঙি
পানীত। সিহঁত আকৌ
পৰাজিত হ’ল। সেইটো পৰিত্যক্ত,
পানীত ওপঙি থকা
মলা বুলি
ভাবি সিহঁতে
আন ঠাইলৈ
তোক বিচাৰি
গ'ল। ’৭৯ৰ শেষ
ভাগৰ পৰা
তোৰ মুক্ত
চলাচল বন্ধ
হ’ল কিজানি। এই সময়ছোৱাত তই তোৰ
বিভিন্ন কার্যকলাপৰ
দ্বাৰা তোৰ
চূড়ান্ত দূৰদৰ্শিতা
প্ৰদৰ্শন কৰিলি। অহাকালি ক’ত কি হ’ব তাৰ উমান আগতীয়াকৈ কেনেকৈ পাইছিলি বাৰু?
তই কৈছিলি
এইটো ষষ্ঠ
ইন্দ্ৰিয়ৰ কাম। এই ষষ্ঠ ইন্দ্ৰিয়ই
তোক কিমান
যে বিপদৰ
পৰা ৰক্ষা
কৰিছিল নহয়নে? এবাৰ যে নলবাৰীৰ
পৰা গুৱাহাটালৈ
বাছেৰে গৈ
থাকোঁতে হঠাতে
কলিতাকুছিৰ চ’কত নামি
দিলি। লগত সহচ
অৰবিন্দ বৈশ্য। কলিতাকুছিৰ পৰৱৰ্তী চ’ক হাজো। তোৰ ভাব হ'ল
– হাজোত বিপদ
হ’ব। পিছত গম
পালো সঁচাকৈয়ে
সিদিনা হাজোত
বিপদে খাপ
পিটি আছিল। কলিতাকুছিৰ
পৰা মথাউৰিৰ
ওপৰে ওপৰে
খোজ কাঢ়ি
ৰঙিয়াৰ ওচৰৰ
গুইয়া সত্ৰ
পালিগৈ।”
১৯৮৫ চনত
অসম আন্দোলনৰ
সমাপ্তি ঘটাৰ
পিছত লাহে
লাহে বৰপেটাৰ
সমাজখন গোস্বামীদেৱৰ
কাষ চাপি
আহিব ধৰিছিল। কিন্তু ১৯৮৭ চনলৈকে মাধৱ
চৌধুৰী মহাবিদ্যালয়ৰ
ছাত্ৰসমাজে তেখেতক
আঁকোৱালি লোৱা
নাছিল। অৱশেষত কিছুমান
সচেতন ছাত্ৰৰ
প্ৰচেষ্টাত আৰু সেই
সময়ৰ মহাবিদ্যালয়ৰ
ছাত্ৰ একতা
সভাৰ উদ্যোগত
মহাবিদ্যালয়ত ১৯৮৭
চনত ছাত্ৰ-ছাত্ৰীৰ এখন
সাধাৰণ সভা
অনুষ্ঠিত হৈছিল, য’ত গোস্বামীদেৱ আৰু তেখেতৰ
দলীয় সতীৰ্থ
তথা মহাবিদ্যালয়ৰ
আন এগৰাকী
অধ্যাপক বিজনলাল
চৌধুৰীদেৱৰ ওপৰত
থকা বৰ্জন উঠাই লোৱাৰ প্ৰস্তাৱ
কৰা হৈছিল। সেই সভাতো এটা
চক্ৰই খেলিমেলি
সৃষ্টিৰ প্ৰচেষ্টা
নচলোৱাকৈ থকা
নাছিল যদিও
গৰিষ্ঠ সংখ্যক
ছাত্র-ছাত্ৰীৰ ইচ্ছাৰ ওপৰত
সেই চক্ৰটোৱে
নতি স্বীকাৰ
কৰিবলৈ বাধ্য
হৈছিল আৰু
এনেকৈয়ে এই
দুগৰাকী স্বনামধন্য
শিক্ষক পুনৰ
ঘূৰি আহিছিল শ্ৰেণীকোঠালৈ।
পৰৱৰ্তী কালত
গোস্বামীদেৱে মাধৱ
চৌধুৰী মহাবিদ্যালয়ৰ
ভিতৰত আৰু
বাহিৰতো বিভিন্ন
দায়িত্বত জড়িত
হৈ পৰিছিল
নিজৰ জ্ঞান আৰু দক্ষতাৰ গুণত৷
অৰ্থনীতিৰ বাহিৰেও
সাহিত্য, ৰাজনীতি, দর্শন, ইতিহাস আদি বিভিন্ন
বিষয়ত তেখেতৰ
গভীৰ জ্ঞান
থকা হেতুকে তেখেতে শিক্ষক হিচাপে
সকলো ধৰণৰ
ছাত্ৰৰ উপৰিও
সহকৰ্মীৰ অন্তৰতো
গভীৰভাবে ৰেখাপাত
কৰিবলৈ সক্ষম
হৈছিল। উনৈশ শ পয়সত্তৰ চনত আৱিৰ্ভাৱ
হোৱা বামপন্থী
আলোচনী ‘নতুন পৃথিৱী’ত তেখেতে নিয়মিতভাবে
গভীৰ অধ্যয়নপুষ্ট
প্ৰৱন্ধ লিখিছিল। তেখেতে বৰপেটাৰ
Sub-Divisional Planning and Development Committee আৰু
Juvenile Justice Board ৰ সদস্য হৈছিল। সমাজৰ নিম্নখাপৰ মানুহৰ প্ৰতি
থকা গভীৰ
ভালপোৱাৰ বাবে
তেখেতে এইসকল
লোকৰ মংগলৰ
উদ্দেশ্যে বিভিন্ন
সামাজিক কৰ্মৰ
লগত জড়িত হৈছিল।
মাধৱ চৌধুৰী
মহাবিদ্যালয়ৰ উপাধ্যক্ষ
হিচাপে চাকৰিৰ
পৰা অৱসৰৰ
পিছত গোস্বামীদেৱে
‘ইথোচ জুনিয়ৰ
কলেজ’ স্থাপনত আগভাগ লৈছিল আৰু
এই শিক্ষা
প্রতিষ্ঠানখনৰ প্ৰতিষ্ঠাপক
অধ্যক্ষ হিচাপে
ইয়াক সবলভাৱে
গঢ়ি তুলিবলৈ
তেখেতে সক্ষম
হৈছিল। বিভিন্ন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য
হিচাপে থকাৰ
উপৰিও বিভিন্ন
সামাজিক কাম-কাজৰ গুৰু
দায়িত্ব তেখেতে
নিষ্ঠাৰে বহন
কৰিছিল। তেখেতে বৰপেটা মটৰ
শ্রমিক সংস্থাৰ
সভাপতি হিচাপেও
দায়িত্বশীলতাৰে কাৰ্যনিৰ্বাহ
কৰিছিল। যোৱা ২০ মার্চ,
২০১৭ তাৰিখে
তেখেতৰ আকস্মিক
বিয়োগ বৰপেটাৰ
সমাজখনৰ বাবে
এক ডাঙৰ
ক্ষতি।•
: : :
মৰহুম খোৰছেদ
আলী শিকদাৰ
(গাঁওবুঢ়া)ৰ
চমু জীৱন
ৰুণীয়া খাতুন
ডাউকমাৰী, জনীয়া
বৰপেটা জিলাৰ
জনীয়া মৌজাৰ
অন্তৰ্গত ডাউকমাৰী
অঞ্চলখন ঊনৈশ
শতিকাৰ দ্বিতীয়
দশকত হেনো
নল-খাগৰি আৰু হাবি-জংঘলেৰে ভৰপূৰ
আছিল। তাত কোনো
জনবসতি নাছিল। বনৰীয়া জীৱ-জন্তুৰ উপৰি
বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ উপযোগী
বাসস্থান আছিল। মানুহে কোৱামতে বিশেষকৈ
‘ডাউক’ নামৰ চৰাইবিধ অঞ্চলটোত
প্ৰচুৰ পৰিমাণে পোৱা
গৈছিল। এই চৰাইবিধ
চিকাৰ কৰিবলৈ
অসমৰ ভিন্ন
প্ৰান্তৰ পৰা
চিকাৰীসকল আহিছিল। ফলশ্রুতিত ঠাইখনৰ নাম
‘ডাউকমাৰী’ হিচাপে নামকৰণ হোৱা
বুলি এচাম
সচেতন লোকে
ক'ব বিচাৰে।
ঊনৈশ শতিকাৰ
দ্বিতীয় দশকৰ
শেষৰ ফালে
এই ঠাইখনলৈ
অহা লোকসকলৰ
ভিতৰত খোৰছেদ
আলী শিকদাৰ নামৰ লোকজন আছিল
প্রথম। তেওঁ হাউলীৰ
ৰায়পুৰ বৰবাৰীঝাৰ
গাঁৱৰ পৰা
আহিছিল। তেওঁৰ দেউতাকৰ
নাম আছিল
বদৰুদ্দিন শিকদাৰ
আৰু মাকৰ
নাম আছিল
পাচতলা বিবি। খোৰছেদ আলী শিকদাৰৰ
জন্ম হৈছিল
১৮৮০ চনত অবিভক্ত ভাৰতবৰ্ষৰ মৈমনসিং
জিলাৰ এখন
অতি পিচপৰা
গাঁৱত। শৈশৱ আৰু
কৈশোৰ কাল
তেওঁ তাতেই
অতিবাহিত কৰিছিল। পাছত ঊনৈশ
শতিকাৰ প্ৰথম
দশকত অসমৰ
হাউলীৰ ৰায়পুৰ
বৰবাৰীঝাৰ গাঁৱত
(বর্তমান বি.এইচ্. কলেজৰ পশ্চিম দিশে) আহি বসবাস কৰিবলৈ
লয়। তাত তেওঁ
বন জংঘল
কাটি ছয়
বিঘামান মাটি
উলিয়াই কৃষি
কৰ্মৰ যোগেদি জীৱন নিৰ্বাহ কৰিবলৈ
লয়। সুদীৰ্ঘ ঊনৈশ
বছৰ কাল
তেওঁ তাতে
থাকে। পাছত ডাউকমাৰী
গাঁৱলৈ আহে।
(তেতিয়া ডাউকমাৰী গাঁওখন
নাছিল।)
সেই সময়ত
ডাউকমাৰীত কোনো
জনবসতি নাছিল। প্ৰথমতে তেওঁ কিছু
ঠাই নল-খাগৰি কাটি
তাত ঘৰ
বান্ধি থাকিবলৈ লয়। পাছত মৰহুম ছাত্তাৰ
হাজী, মৰহুম দৰাজ আলী,
মৰহুম মক্দম আলী,
মৰহুম সংসেৰ
আলীক আদি কৰি ভালে কেইজন
লোক গাঁওখনলৈ
আহি হাবি-জংঘল কাটি
ঘৰ বান্ধি
বসতি কৰিবলৈ
লয়। উক্ত মানুহ
কেইগৰাকীৰ সহযোগত বৃহৎ
অঞ্চলটোৰ হাবি-জংঘল কাটি
খেতিৰ মাটি
উলিয়াই আটায়ে
কৃষি কৰ্মত
মনোনিৱেশ কৰে। ক্রমান্বয়ে বিভিন্ন ঠাইৰ পৰা
মানুহ আহি
অঞ্চলটো ভৰি
পৰে। তেওঁলোকেও হাবি-বন কাটি
বসতি স্থাপনৰ
সুবিধা কৰি
লয়। সকলোৱে কৃষি-কৰ্মত আগভাগ লয়। কালক্ৰমত বৃহত্তৰ ডাউকমাৰীখন
এখন সুন্দৰ
গাঁৱত পৰিণত
হয়। এই গাঁৱতেই মৰহুম খোৰছেদ আলী
শিকদাৰে এশ
বিঘাৰো অধিক
মাটিৰ গৰাকী
হৈ এগৰাকী
আদৰ্শ খেতিয়ক
হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম
হয়।
খোৰছেদ আলী
শিকদাৰে লাহে
লাহে গাঁৱখনত
নিজকে প্ৰতিষ্ঠা
কৰাৰ লগে
লগে অঞ্চলৰ
বিভিন্ন সামাজিক
কামত জড়িত হৈ
পৰে। তেওঁ নিজে
নিৰক্ষৰ হ’লেও শিক্ষাৰ
প্ৰতি আছিল
অতি আগ্রহী। তেওঁ ডাউকমাৰী গাঁৱৰ
১২৩৬ নং প্রাথমিক বিদ্যালয়খন প্রতিষ্ঠা
কৰাৰ প্ৰথম
গৰাকী উদ্যোক্তা। এইক্ষেত্ৰত তেওঁৰ লগত
সহযোগ আগবঢ়াইছিল
মৰহুম ছাত্তাৰ হাজী,
মৰহুম দৰাজ
আলী,
মৰহুম ৰমজান
আলী
(বেপাৰী) প্ৰমুখ্যে ভালে কেইগৰাকী
শিক্ষানুৰাগী ব্যক্তিয়ে। এইখন
বিদ্যালয়ৰ উপৰি
ডাউকমাৰী গাঁৱৰ
মক্তব, মছজিদ, ডাউকমাৰী বজাৰ-হাটৰ লগতে
অন্যান্য অনুষ্ঠান-প্রতিষ্ঠান। ইয়াৰ উপৰিও তেওঁ
ছনপুৰা বজাৰ,
জনীয়া বজাৰ,
কাদং বজাৰ,
বাণিয়াৰাপাৰা বজাৰ
গঠনৰ ক্ষেত্ৰত
তেওঁ আগভাগ লৈছিল।
অঞ্চলটোত স্থাপন
হোৱা বিভিন্ন
সামাজিক আৰু
ধৰ্মীয় অনুষ্ঠানৰ
লগত তেওঁৰ
অতি ঘনিষ্ঠ
সম্পৰ্ক আছিল। বৃহৎ
অঞ্চলৰ গাঁৱলীয়া
জীৱনৰ বহুতো
বিচাৰ-আচাৰ, কাজিয়া-পেচালৰ সু-মীমাংসাৰ ক্ষেত্ৰত
তেওঁ আগভাগ
লৈছিল। তেওঁ গৰীৱ-দুখীয়া পৰিয়ালৰ ছোৱালীৰ
বিয়া-বাৰুত যথেষ্ট সহায়ৰ
হাত আগবঢ়াইছিল। উল্লেখনীয় যে জনীয়া
গাঁৱৰ মাছমৰীয়াসকলক তেওঁ
প্ৰায়ে আর্থিকভাবে
যথেষ্ট সহায়
কৰিছিল। ছনপুৰা বজাৰ
আৰু কুৰাৰকুৰ
পাৰঘাট তেওঁৰ উদ্যোগত চৰকাৰীভাবে নিবিদাৰ
ব্যৱস্থা কৰা
হৈছিল।
পিতৃ মৰহুম
বদৰুদ্দিন শিকদাৰৰ
দ্বিতীয় গৰাকী
পুত্ৰ খোৰছেদ
আলী শিকদাৰৰ
দুই গৰাকী
পত্নী আছিল। প্রথম গৰাকী পত্নীৰ নাম
আছিল মিচিৰণ
নেছা। তেওঁ ডাউকমাৰী
গাঁৱৰে জীয়াৰী
আছিল। দ্বিতীয় গৰাকী
পত্নীৰ নাম
আছিল কচিৰণ নেছা। তেওঁৰ পিতৃ-মাতৃৰ ঘৰ আছিল
বর্তমান বঙাইগাঁও
জিলাৰ নম্বৰ
পাৰাগাঁৱত। খোৰছেস আলী
শিকদাৰৰ দুয়ো গৰাকী
পত্নীৰ গৰ্ভত
১৫ জন
সন্তানৰ জন্ম
হৈছিল। তাৰে পাঁচ
গৰাকী পুত্ৰ
আৰু দহ
গৰাকী জীয়েক
আছিল। পুত্ৰ পাঁচ গৰাকী
ক্ৰমে মৰহুম
খবুৰুদ্দিন, মৰহুম
আবুল হুছেইন,
মৰহুম মকবুল
হুছেইন, ছামচুল আলম
(গাঁওবুঢ়া) আৰু শ্বাজাহান আলী। জীয়েক দহগৰাকী
ক্ৰমে— মৰহুমা ময়ফুল খাতুন,
মৰহুমা মমিৰণ
নেছা, মৰহুমা জমিৰণ নেছা, আজিৰণ নেছা, মৰহুমা ডালিমন নেছা,
নুৰজাহান নেছা,
জিলিমন নেছা,
কমলা খাতুন,
হামেলা খাতুন
আৰু আন্না
খাতুন।
মৰহুম খোৰছেদ
আলী শিকদাৰ
আছিল নিৰক্ষৰ। ঘৰুৱা আৰু সামাজিক
বিভিন্ন অসুবিধাৰ
বাবে তেওঁ
আনুষ্ঠানিক শিক্ষা গ্ৰহণ
কৰিব পৰা
নাছিল। মাত্ৰ তেতিয়াৰ
দিনৰ মক্তবৰ
জৰিয়তে কিছু
ধর্মীয় শিক্ষাহে
গ্ৰহণ কৰিছিল। আনুষ্ঠানিক শিক্ষা নাথাকিলেও শিক্ষাৰ
প্ৰতি তেওঁৰ
আছিল অগাধ
ভক্তি আৰু
অনুৰাগ। যাৰ বাবে
তেওঁ বিভিন্ন
শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ গৌৰৱ
অনুভৱ কৰিছিল।
১৯৫৫ ইং
চনত তেওঁ
গাঁৱৰ গাঁওবুঢ়া
পদত নিযুক্তি
পায়। গাঁওবুঢ়া হিচাবে
তেওঁ আছিল
অতি সুদক্ষ। সমাজৰ যি কোনো সমস্যা
তেওঁ তৎক্ষণাত
সমাধান কৰাৰ
কৌশল জানিছিল। আনহাতে তেওঁ আছিল
ন্যায়পৰায়ণ। অন্যায়ক তেওঁ কেতিয়াও প্রশ্রয় দিয়া
নাছিল। তেওঁৰ লাটৰ
(গাঁওবুঢ়া এলেকা)
সকলোকে সমান
চকুৰে চাইছিল। সেই সময়ত চোৰ-ডকাইতৰ উপদ্রব
বৰ বেছি
আছিল। চোৰ-ডকাইতৰ লগত
তেওঁ কেতিয়াও
আপোচ কৰা
নাছিল। চৰকাৰৰ সহযোগত চোৰ-ডকাইতক কঠোৰ
হাতেৰে দমন
কৰাৰ চেষ্টা
কৰিছিল।
১৯৭০ চনত
ডাউকমাৰীৰ নিজ
বাসগৃহত তেওঁ
ইহলীলা সম্বৰণ
কৰে। মৃত্যুৰ সময়ত
তেওঁ পাঁচ
গৰাকী পুত্ৰ, আঠগৰাকী জীয়েক আৰু
বহু কেইগৰাকী
নাতি-নাতিনীৰ লগতে শ
শ আত্মীয়স্বজন আৰু গুণমুগ্ধক
এৰি থৈ
যায়।•
বিঃদ্রঃ – লেখাটোত বহুতো ভুল-ত্রুটি
থাকিব পাৰে। কিয়নো
লেখাটোত উল্লেখিত সকলো তথ্য ডাউকমাৰী গাঁৱৰ বয়োজ্যেষ্ঠসকলৰ মুখৰ পৰা
শুনিহে লিখা
হৈছে। বিশেষকৈ মৰহুম
খোৰছেদ আলী
শিকদাৰৰ চতুৰ্থ
গৰাকী পুত্ৰ
সামচুল আলম (গাঁওবুঢ়া)
ৰ পৰা
তথ্যখিনি সংগ্ৰহ
কৰা হৈছে। সেয়ে
সকলো ভুলৰ
ক্ষমা বিচাৰিছো।
লেখক...
: : :
আলহাজ গোলাম
মওলা বখশ
(১৯২১-২০১০)
মহঃ মুস্তাফিজুৰ ৰহমান
(হাদিৰাচকী)
ভাৰতবৰ্ষৰ স্বাধীনতা
সংগ্ৰামত অসমৰ
ভূমিকা আছিল
গুৰুত্বপূৰ্ণ। বিভিন্ন সময়ত
এই সংগ্রাম
ভিতৰুৱা গাঁও অঞ্চলতো প্ৰসাৰিত হৈছিল। এনেকি নামনি অসমৰ
চৰ-চাপৰি অঞ্চলত
নতুনকৈ সংস্থাপিত
হোৱা বংগমূলীয়
মুছলমানসকলৰ মাজতো এই
সংগ্রামে গুৰুত্ব
লাভ কৰিছিল। বিভিন্ন ঠাইত চৰ-চাপৰিৰ শিক্ষিত
যুৱকে দেশৰ
স্বাধীনতা আন্দোলনত সক্রিয় অংশ গ্ৰহণ
কৰি কাৰাবৰণো
কৰিছিল। তেনে এগৰাকী
ব্যক্তি আছিল
সাম্প্ৰতিক বৰপেটা
জিলাৰ পশ্চিমাঞ্চলৰ আলহাজ গোলাম মওলা
বখশ।
মানাহ, বেকী আৰু চাউলখোৱা
নদীৰ কোনো
এক নিৰ্দিষ্ট
অংশৰ পৰা
সম দূৰবৰ্তী
অঞ্চলত অৱস্থিত
চানমামা (Chandmama) গাঁৱত গোলাম
মওলা বখশৰ
জন্ম হৈছিল
১৯২১ চনত। জন্মৰ দুবছৰ পাছতেই
পিতৃ বিয়োগ হোৱাত তেখেতৰ শিক্ষাৰ
দিশটো সম্পূৰ্ণৰূপে
অৱহেলিত হৈছিল। মাত্র দহ বছৰ
বয়সত তিনি
মাইলমান দূৰৰ
২৬৬ নং শিমলাবাৰী
প্রাথমিক বিদ্যালয়ত
ভর্তি হয়
আৰু ১৯৩৫
চনত বিদ্যালয়ৰ
শিক্ষা সম্পূৰ্ণ
কৰি পূৰ্ববংগ
নিবাসী মোমায়েকৰ ঘৰত
থাকি ছিৰাজগঞ্জ
জুনিয়ৰ মাদ্রাছাত
অধ্যয়ন কৰে। ১৯৩৮ চনত উক্ত
মাদ্ৰাছাৰ ফাইনেল
পৰীক্ষা সুখ্যাতিৰে পাছ
কৰি জন্মভূমি
অসমৰ চানমামা
গাঁৱলৈ ঘূৰি
আহে। সেই সময়ত
পূৱে বৰপেটা
চহৰ,
পশ্চিমে অভয়াপুৰী আৰু দক্ষিণ-পশ্চিমে গোৱালপাৰা চহৰৰ
মধ্যৱৰ্তী অঞ্চলত
কোনো হাইস্কুল
নাছিল। তেনে সময়ত
নিজ অঞ্চলৰ
বিভিন্ন গাঁৱৰ নেতৃস্থানীয়
ব্যক্তিসকলে স্থাপন
কৰিব খোজা
প্রাথমিক বিদ্যালয়ত
শিক্ষকতাৰ বাবে
আমন্ত্ৰণ কৰা
সত্ত্বেও বখশ চাহাবে নিজৰ উচ্চ
শিক্ষাৰ হাবিয়াস
পূৰ্ণৰ বাবে
নানা বাধা
বিঘিনি নেওচি
১৯৩৮ চনৰ
জানুৱাৰী-ফেব্ৰুৱাৰী মাহ মানত অভয়াপুৰী হাইস্কুলত ৮ম
শ্রেণীত ভর্তি
হয়।
সেই সময়ছোৱা
আছিল স্বাধীনতা
আন্দোলনৰ ভৰপক
কাল। বৃটিছ অসমৰ
শাসনৰ দায়িত্বত
আছিল ছাৰ
চৈয়দ চাদুল্লা নেতৃত্বাধীন
ভাৰতীয় মুছলিম
লীগৰ চৰকাৰ। অৱশ্যে তদানীন্তন গোৱালপাৰা
জিলাৰ উত্তৰ
পাৰত বিজনী
ৰাজ ইষ্টেটৰ অভয়াপুৰী
অঞ্চলত মুছলিম
লীগৰ বিশেষ
প্ৰভাৱ নাছিল। অসমৰ মুছলমানসকলে মুছলিম
লীগ সমর্থন
কৰি অহাৰ সময়তে
অভয়েশ্বৰী হাইস্কুলত
অধ্যয়নৰত বহু
কেইজন মুছলমান
ছাত্ৰই স্বাধীনতা
আন্দোলনৰ বিভিন্ন
কাৰ্যসূচীত সক্রিয়ভাবে অংশ
গ্রহণ কৰিছিল। তাৰ ভিতৰত অভয়াপুৰী
মৌমাৰীৰ আতাউৰ
ৰহমান, আবুল হুছেইন, লাংলাৰ মোছলেম উদ্দিন আহমেদ
আৰু চানমামা
গাঁৱৰ গোলাম
মওলা বখশৰ
নাম আছিল
উল্লেখযোগ্য। এওঁলোকে স্থানীয় ছাত্র নেতা গোবিন্দ
চন্দ্ৰ দেৱ
শৰ্মা (অভয়াপুৰী), সৰ্বানন্দ ৰায়,
কন্দর্প বনিকা
(উত্তৰ শালমাৰা),
হৰেন কলিতা (চলন্তপাৰা) আদিৰ নেতৃত্বত অনুষ্ঠিত
বৃটিছ বিৰোধী
আন্দোলনৰ বিভিন্ন
কাৰ্যসূচীত সক্রিয়
অংশ গ্রহণ
কৰিছিল। এইদৰে শোভাযাত্রা, ধর্মঘট,
মেল-মিটিং আদি
কাৰ্যসূচীত যোগদান
কৰাৰ সময়ত
উল্লিখিত ছাত্র
নেতাসকলৰ লগত
গোলাম মওলা বখশ
কেইবাবাৰো গ্ৰেপ্তাৰো
হৈছিল বৃটিছ
পুলিচৰ উত্তৰ
শালমাৰা থানাত। বিশেষকৈ ভাৰতীয় জাতীয়
কংগ্ৰেছৰ সৈতে আলোচনা
নকৰাকৈয়ে বৃটিছ
চৰকাৰে ভাৰতীয়
সৈন্য দ্বিতীয়
মহাযুদ্ধত শোভাৰেল
কৰাৰ প্ৰতিবাদত
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ
লগতে অসমতো
প্রতিবাদী আন্দোলন
গঢ়ি উঠিছিল।
১৯৩৯ চনৰ
অক্টোবৰ মাহৰ
কোনোবা এদিন
বৃটিচৰ গোৱালপাৰা
কাচাৰীত অনুষ্ঠিত
এই আন্দোলনৰ
এটি কার্যসূচীত উত্তৰ পাৰৰ অভয়াপুৰী
আৰু উত্তৰ
শালমাৰা অঞ্চলৰ
১৬-১৭ জন
ছাত্র যোগদান
কৰিছিল। তৎকালীন গোৱালপাৰা কংগ্ৰেছী যুৱনেতা খগেন্দ্ৰ
নাথ আৰু
ছাত্ৰ নেতাসকল
সমন্বিতে উত্তৰ
পাৰ দক্ষিণ
পাৰৰ সৰ্বমুঠ
৫০ খন
মান ছাত্র ভলণ্টিয়াৰ গোৱালপাৰাৰ মহকুমাধিপতিৰ
নিৰ্দেশত গ্ৰেপ্তাৰ
হৈছিল। উল্লেখনীয় বিষয়
এই যে
উত্তৰ পাৰৰ
ছাত্ৰ ভলণ্টিয়াৰসকলৰ এজন
আছিল গোলাম
মওলা বখশ। পাছত গোৱালপাৰাৰ বিশিষ্ট
ব্যৱসায়ী মজিবৰ
ৰহমান (মজি মহাজন), অসম বিধান
পৰিষদ (MLC) ৰ
সদস্য মহম্মদ
আমজাদ আলী
আৰু খান
চাহেব মিজানুৰ
ৰহমানৰ প্ৰচেষ্টা আৰু ততত্পৰতাৰ ফলত
আবেলি ৫
মান বজাত
তেওঁলোকে বিনাচৰ্তে
মুক্তি লাভ
কৰে। উল্লেখ্য যে
সেই সময়ত
উত্তৰ পাৰৰ ছাত্ৰসকল
ব্ৰহ্মপুত্ৰ পাৰ
হৈ অভয়াপুৰীলৈ
যোৱাৰ কোনো
ব্যৱস্থাই নাছিল। উল্লিখিত নেতাসকলে তেওঁলোকক ৰাতি খুৱাই-বুৱাই মজিবুৰ ৰহমান
মহাজনৰ মৰাপাটৰ
গুদামত থাকিবলৈ
দিছিল। পিছদিনা ৰাতিপুৱা
চিৰা আৰু
গুৰেৰে জলপান কৰাই
অভয়াপুৰীলৈ পঠিয়াই
দিছিল মহাজনে। সেইদৰে ১৯৪২ চনৰ
গণ আন্দোলন
কাৰ্য্যসূচীতো মানাহ
নদীৰ পূব পাৰৰ
চানমামা গাঁৱৰ
গোলাম মওলা
বখশ আৰু
তেখেতৰ অগ্ৰজ
বন্ধু লাংলা
গাঁৱৰ মোসলেফ
উদ্দিন অভয়াপুৰীৰ নেতাসকলৰ লগত অংশ
গ্ৰহণ কৰি
গ্ৰেপ্তাৰ হৈছিল
উত্তৰ শালমাৰা
থানাতো।
এইদৰে দেশ
আৰু সমাজৰ
কল্যানৰ বাবে
চিন্তা কৰি
থাকোতে বখশ
চাহাবৰ নিজ
শিক্ষাৰ ক্ষেত্ৰটো
কিছু বাধাপ্রাপ্ত হৈছিল আৰু নৱম
শ্রেণীতেই শিক্ষা
সামৰি নিজ
গাঁও অঞ্চলৰ
মানুহৰ শিক্ষাৰ
বাবে মনোনিবেশ
কৰিছিল। স্থানীয় মুখীয়ালসকলৰ আহ্বানত
১৯৪৪ চনত
(৪৫২ নং)
থাতাৰ্টৰী প্রাথমিক
বিদ্যালয় স্থাপন
কৰি তেখেতেই
শিক্ষকৰ
দায়িত্ব মূৰপাতি
লৈছিল। মাত্র তিনি
বছৰৰ ভিতৰতে
চৰকাৰী অনুমোদন
আৰু শিক্ষকৰ
দা-দৰমহাৰ ব্যৱস্থা
কৰায় আৰু স্বাধীনতাৰ পাছে পাছে
চাকৰি ইস্তফা
দি সামাজিক
কামত সোমাই
পৰে। পাছত ১৯৫৯-৬০ চনত
মহাত্মা গান্ধীৰ পঞ্চায়ত ৰাজ ব্যৱস্থা
প্ৰৱৰ্তন হওঁতে
বৰপেটাৰ ‘জননেতা’ আখ্যায়িত আতাউৰ
ৰহমান, বাংলা অঞ্চলৰ মুক্তি
যুঁজাৰু মোছলেম উদ্দিন
আহমেদ আৰু
নিজ অঞ্চলৰ
বিশিষ্ট সমাজকর্মী
আব্দুৰ কাদেৰ
(বাবু)ৰ পৰামৰ্শক্রমেই বখশ
চাহেবে নৱগঠিত বৰভিঠা
গাঁও পঞ্চায়তৰ
সম্পাদকৰ পদ
আৰু দায়িত্বভাৰ
মূৰপাতি লয়। অৱশেষত ১৯৮২ চনত
পঞ্চায়তৰ
চাকৰিৰ পৰা
অৱসৰ গ্ৰহণ
কৰি ২০০৫-০৬ চনত
হজ কার্য
সম্পন্ন কৰে।
শিক্ষানুৰাগী আলহাজ
বখশ চাহেব
সময়ে সময়ে
অসমীয়া ভাষাত
লিখা-মেলাও কৰিছিল। তেখেতৰ কবিতা, তথ্যভিত্তিক প্ৰৱন্ধ আদি
বৃহত্তৰ বৰভিঠা-ময়নবৰি অঞ্চলৰ
পৰা বিভিন্ন
সময়ত প্রকাশিত
আলোচনী স্মৃতিগ্ৰন্থত
স্থান লাভ কৰিছিল।
২০১০ চনৰ
মে মাহৰ
৩১ তাৰিখে
৯০ বছৰ
বয়সত ইন্তেকাল
কৰে। দহ গৰাকী
পুত্র-কন্যাৰ পিতৃ মৰহুম বখশ চাহেব সন্তানসকলৰ
শিক্ষাৰ ক্ষেত্ৰত
যথেষ্ট গুৰুত্ব
প্ৰদান কৰিছিল। তাৰ ভিতৰত দুগৰাকী
পুত্ৰ আৰু
এগৰাকী কন্যাক স্নাতকোত্তৰেৰে সুশিক্ষিত কৰাৰ উপৰি
তেখেতৰ জীৱন
কালতে পি.এইচ্.ডি. ডিগ্রী লাভ
কৰা জ্যেষ্ঠ
পুত্ৰ ড° বখশী হজৰত আলী
আহমেদ পিতৃৰ
পদাংক অনুসৰণ
কৰিবলৈ সক্ষম
হৈছে। উল্লেখ্য যে
বঙাইগাঁও জিলাৰ
অভয়াপুৰী মহাবিদ্যালয়ৰ আৰৱী
বিভাগৰ মুৰব্বী
অধ্যাপক হিচাপে
অৱসৰ লাভ
কৰা ড°
বখশী আহমেদৰ
লিখা-মেলা বিভিন্ন স্তৰৰ
পত্র-পত্রিকাত প্ৰকাশ পাইছে। এগৰাকী নিষ্ঠাৱান শিক্ষক
হিচাপে অধ্যাপক
আহমেদ শৈক্ষিক
কামকাজৰ উপৰি
দেশ আৰু বিদেশৰো
বহুকেইখন আগশাৰীৰ
বিশ্ববিদ্যালয়ত বিভিন্ন
বিষয়ৰ গৱেষণা
পত্র পাঠ
কৰাৰ বাবে
আমন্ত্ৰিত হৈছিল।
সময়ে সময়ে
সাহিত্য চৰ্চা
কৰা বখশ
চাহেবৰ একাংশ
লিখনি বৃহত্তৰ
বৰভিঠা-ময়নবৰি অঞ্চলৰ পৰা
প্ৰকাশিত কিছু আলোচনী, স্মৃতিগ্রন্থ আদিত
প্ৰকাশ পাইছে। তেখেত জীৱন কালত
প্রাথমিক বিদ্যালয়ৰ
পৰা আৰম্ভ
কৰি উচ্চতৰ মাধ্যমিক স্তৰলৈ অঞ্চলটোৰ
১০ খনমান
শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ
সতে সক্রিয়ভাবে
জড়িত আছিল। তাৰ ভিতৰত ৪৫২ নং খাতাৰ্টাৰী প্রাথমিক
বিদ্যালয় (১৯৪৪), ৭৮০ নং
চানমামা নিঃ
বুঃ বিদ্যালয়
(১৯৫৩), বৰভিঠা এম.ই.
মাদ্ৰাছা (১৯৫৭), বৰভিঠা হাইস্কুল (১৯৬২), খাতাৰ্টাৰী আহমদীয়া
মাদ্ৰাছা (১৯৬৭), শোলমাৰি এম.ই.
মাদ্রাছা (১৯৭৭), চানমামা এম.ই.
মাদ্রাছা (১৯৭৮), শোলমাৰি হাই
মাদ্ৰাছা (১৯৭৯) আদি বিদ্যালয়
গুৰুত্বপূৰ্ণ। উল্লেখ্য যে
মৰহুম বখশ চাহেব
এইবোৰ বিদ্যালয়ৰ
আছিল কোনোবাখনৰ
প্ৰতিষ্ঠাপক সভাপতি,
সম্পাদক নাইবা
সক্রিয় সদস্য। তদুপৰি
চানমামা ৰাজ্যিক
চিকিৎসালয়, বৰভিঠা
আৰক্ষী চকী,
হাইস্কুল শিক্ষান্ত
পৰীক্ষাৰ ৰাঙাপানী
কেন্দ্ৰ আদি অনুষ্ঠান-প্রতিষ্ঠান স্থাপনৰ
লগতো ওতঃপ্রোতভাবে
জড়িত আছিল
গোলাম মওলা
বখশ। তাৰেই স্বীকৃতি
হিচাপে হয়তো বখশ
চাহেবক অঞ্চলবাসী
ৰাইজে আজিও
শ্ৰদ্ধাৰে স্মৰণ
কৰে বিভিন্ন
সময়ত বিভিন্ন
কাম-কাজত।•
: : :
এগৰাকী অখ্যাত
ব্যক্তিৰ জীৱন
কথা
:মফিদুল ইছলাম,
(ডাউকমাৰী)
যুগে-যুগে এই পৃথিৱীত
নিৰন্তৰভাৱে মানুহ
আহে আৰু
যায়। স্ৰষ্টাৰ সৃষ্টিৰ
এই অবিৰাম
গতিত সময়ে
সময়ে বিশেষ
প্রতিভা সম্পন্ন মানুহৰ
জন্ম হয়। উপযুক্ত সামাজিক পাৰিপাৰ্শ্বিকতা আৰু শিক্ষাৰ অভাৱত
কিছু প্রতিভা
কলিতে মৰহি
যায়। তাৰ মাজেদি স্বকীয়
প্রচেষ্টাত কিছু
প্রতিভা আপোনা-আপুনি বিকশিত
হয়। সেই প্রতিভাসমূহ
সামাজিক জীৱনৰ
বিভিন্ন দিশত
আৰ্হি হিচাপে সমাজত
থৈ যোৱা
বহুতো মানুহ
আছে। সেই আদর্শসমূহ
বুটলি সমাজ
এখন গঢ়
দিব পৰাকে
মহৎ কাম
যদিও সামাজিক অসচেতনাৰ
কাৰণে সেই
আদর্শ আদর্শহৈয়ে
থাকে, সমাজ জীৱনত তাৰ
প্ৰতিফলিত নহয়। তেনে এগৰাকী আদৰ্শৱান ব্যক্তিৰ
কথাই মোৰ
এই লিখনিত
দৃষ্টি গোচৰ
কৰিব বিচাৰিছো। সেই মানুহজনেই জাবুটুট
। তেওঁৰ প্ৰকৃত নাম জাবু শ্বেখ। তেওঁৰ জন্ম
আনুমানিক ১৯
শতিকাৰ প্ৰথম
দহকৰ শেষৰ
ফালে অবিভক্ত
ভাৰতবৰ্ষৰ টাঙ্গাইল
জিলাৰ দৌলতপুৰ গাৱত । তেওঁৰ পিতৃৰ নাম
ছাদেক আলী
আৰু মাতৃৰ
নাম ৰূপসী
। পিতৃ-মাতৃৰ ৮
জনীয়া সন্তানৰ
ভিতৰত এখেত
তৃতীয় নম্বৰ সন্তান। এই আঠজন ভাই-ভনীৰ ভিতৰত
ভায়েক তিনিজন
ক্রমে মোকছেদ
আলী,
মোগৰ আলী
(হাজী), জাবু শ্বেখ ওৰফে জাবু
টুট আৰু
ভনী পাঁচজনী
ক্ৰমে আছিৰণ
নেচা, নছিৰণ নেছা, বছিৰণ নেছা, তছিৰণ নেছা
আৰু আজিৰণ
নেছা ।
অতি পিছপৰা
গাঁৱত জন্ম
গ্ৰহণ কৰা
জাবু শ্বেখে
গাওঁখনত কোনো
ধৰণৰ শিক্ষানুষ্ঠান
নথকাৰ কাৰণে
আনুষ্ঠানিক শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হ’ব লগা হৈছিল ।
জাবু শ্বেখ
নিৰক্ষৰ আছিল
যদিও শিক্ষাৰ
প্ৰতি তেওঁৰ
বিশেষ অনুৰাগ
আছিল। তেওঁ আছিল বিশেষ
গুণ আৰু প্ৰতিভা
সম্পন্ন ব্যক্তি,
বিশেষকৈ সেই
সময়ৰ অশিক্ষিত
সমাজৰ এগৰাকী
বিখ্যাত ডাক্তৰ
স্বৰূপ। বিভিন্ন বেমাৰ-আজাৰৰ তেওঁ জৰা-ফুকা দিয়াৰ
উপৰিও বিভিন্ন
গছ-গছনিৰে ঔষধ
বনাই ৰোগীক
চিকিৎসা কৰি
আৰোগ্য কৰিব
পাৰিছিল ।
মানুহজন অশিক্ষিত
হ'লেও সাহিত্যৰ
প্ৰতি তেওঁৰ
অগাধ অনুৰাগ
আছিল ।
বিভিন্ন ধৰণৰ
সাস্তৰ কথা),
বৈঠুকী গান, ঠল্লক (সাধঁৰ), ধোৱা গান আদিত
তেওঁৰ বিশেষ
প্রতিভা আছিল। সৰু কালৰ পৰাই
মানুহজন কথা
চহকী হাস্যৰসিক
আৰু ব্যাংগাত্মক কথাত
অতি পাকৈত
আছিল। সামাজিক বিচাৰ-আচাৰ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভা
সমিতিত তেখেত
উপস্থিত থাকিলে হাঁহিৰ
খুৰাক যোগাব
পৰাটো তেওঁৰ
এক বিশেষ
গুণ আছিল। আর্থিক অৱস্থা সিমান
টনকিয়াল নাছিল
যদিও অভাৱ-অনাটন, দুঃখ-দুর্দশা এই
শব্দ বিলাক
তেওঁৰ অভিধানত
নাছিল। মানুহজন আছিল
অত্যধিক আত্মবিশ্বাসী
। মিছা কথা আৰু ছলাহী কথাৰে তেওঁক
কোনেও কেতিয়াও
মূল সূঁতিৰপৰা
বিচলিত কৰিবপৰা
নাছিল ।
জীৱনৰ শেষ
মুহূর্তত অভাৱ-অনাটৰ মাজেৰে
জীৱন নিৰ্বাহ
কৰিছিল যদিও
তেওঁ পৰনিৰ্ভশীল
নাছিল। তেওঁ আছিল
অতি সৎসাহসী ।
সেই সময়ৰ
ধনী জমিদাৰ
আৰু প্ৰভাৱশালী
ব্যক্তিক তেওঁ
সমীহ কৰা
নাছিল ।
সেই সময়ত
বিশেষ প্ৰভাৱশালী ব্যক্তি আছিল বাংলীপাৰা
গাৱৰ মৰহুম
কালু খান
। কালু খানৰ ধন
আৰু জনবলে
জাবুটুটক প্রভান্বিত
কৰিবপৰা নাছিল। তেওঁৰ
মতে ধন-বল,
জন-বল ক্ষন্তেকীয়া
মনোবলহে চিৰস্থায়ী। এনে ক্ষেত্ৰত তেওঁৰ
কিছু কথা
জন মানসত
ভাহি আছে
।
উদাহৰণস্বৰূপে ঘৰৰপৰা
ক'ৰবালৈ ফুৰিবলৈ
গ'লে তেওঁৰ
পৰিচয় বিচাৰি
কালু খানৰ
ঘৰৰ ওচৰত
তেওঁৰ ঘৰ
নেকি বুলি সুধিলে, তেওঁ এক
বাক্যত কথাটো
নস্যাৎ কৰি
এনেকৈ কৈছিল—
কালু খাঁৰ বাৰিৰ বুগলে আমাৰ বাৰি না, আমাৰ বাৰিৰ বুগলে কালু খাৰ বাৰি”
ঠিক তেনেকৈ
কোনোবা ছোৱালীৰ
ঘৰৰ পৰা
দৰা বিচাৰি
আহিলে তেওঁ
এনেকৈ কৈছিল—
ধনী পুলা চাইলে কালু খাঁৰ বাৰীতে যাওঁ, ভালো পুলা চাইলে আমাৰ কাছে আওঁ”
জাবুটুটৰ সহধর্মিনীয়ে
কথোবোৰ বৰ
সলসলীয়া বা
উচ্চ স্বৰত
কৈছিল। তেওঁলোকৰ ঘৰৰ
চাৰিওঁফালে আউলি(আবুৰ) বেৰা নাছিল।
সেয়েহে কোনোবাই
যদি তেওঁক
ঘৰৰ চাৰিওঁফালে
চোতালৰ বেৰ
(আউলি বেৰা)
দিব কৈছিল
তেতিয়া তেওঁ
এনেদৰে
কৈছিল—
আমি দিমনি আউলি বেৰা, কিন্তু তৰ ভাবিৰ মুখে বেৰা দিব কেৰা ।
যদি তেওঁৰ
চকুৰ আগত
কোনোবাই হাতত
ঘড়ী চকুত
চশমা আৰু
ধুনীয়া কাপো
পিন্ধি আহিছিল
তেতিয়া তেওঁ
ব্যাংগ কৰি এনেকৈ কৈছিল—
হাতে ঘড়ী চকে চশমা, গোৱাই গবৰ,
কউচে বাবা বেদলিৰ খবৰ ।
ইয়াৰ উপৰিও
তেওঁ কিছুমান
বিশেষ ঠল্লক
(সাঁথৰ), ব্যাংগাত্মক কথা কৈছিল
সেইবিলাক বৰ্তমান
সময়তো মানুহৰ
মুখে-মুখে প্রচলিত হৈ
আছে ।
যেনে—
পাচঁটা মানিক ত্রিশটা ফুল আধাহাত আৰো চাইৰ আঙ্গুল ।
“বিহানে ৰান্ধিছে শাক মৰ্দা (স্বামী)ই কৰছে ৰাগ, দুপৰে ৰান্ধিছে দাইল মৰ্দাই দিছে গাইল,
বৈকালে ৰান্ধিছে লতা শুনছে বৌয়েৰ কথা ।
(অসমীয়াত ইয়াৰ অৰ্থ-
পাঁচটা মানিক-
পাচঁটা আঙুলি,
ত্ৰিশটা ফুল-
ৰমজান মাহৰ
ত্ৰিশটা ৰোজা,
আধাহাত- দাঁত
ঘহা এক বেগত
গছৰ ডাল
(মেচাক), আৰো
চাইৰ আঙ্গুল-
আৰু চাৰি
আঙুলিৰ জুখৰ
দাঁত ঘহা
যতন (খিলাল)
।
ছাল নাই
কুত্তাৰ বাগা
নাম,
পচা কাঞ্জীৰ
মধুৰ নাম
।
জাবুটুটৰ সাংস্কৃতিক
দিশত বিশেষ
সুনাম আছিল
। তেওঁ গীত-মাত,
যাত্রা গান,
বাউল গান,
বৈঠুকী গান
আদি শুনি
তেওঁ নিজেও অনুকৰণ
কৰিবলৈ চেষ্টা
কৰিছিল আৰু
কম বেছি
পৰিমাণে এই
গানবিলাক পৰিৱেশন
কৰিছিল। তেওঁ এইবিলাকৰ প্ৰতি ইমানেই অনুৰাগী
আছিল যে,
তেওঁ এবাৰ
নিজৰ দহ
বিঘা মাটি
বিক্ৰী কৰি
কলেৰ গান
(গ্রামোফোন ৰেকৰ্ডাৰ) ক্ৰয় কৰিছিল ।
জাবু শ্বেখৰ
সহধর্মিনীৰ নাম
আছিল সুন্দৰী
বিবি ।
তেওঁৰ ল'ৰা-ছোৱালী ক্ৰমে
বানিতন নেছা,
খলিলুৰ ৰহমান,
ৰহিজ উদ্দিন, জমিৰণ নেছা ।
জীৱনৰ অন্তিম
সময়লৈকে এই
ব্যক্তিজনে সমাজৰ
প্ৰগতিৰ স্বাৰ্থত
নিজৰ সকলো
স্বার্থ ত্যাগ
কৰি সমাজৰ
কাৰণে বিভিন্ন কাম-কাজ কৰি
যায় যদিও
এইবিলাকৰ কোনো
লিখিত দলিল পোৱা
নাযায়।
বিঃ দ্রঃ- লিখনিটো বাংলীপাৰা-ডাউকমাৰী গাৱৰ কিছু মুখীয়াল ব্যক্তিৰ মৌখিক তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । অজানিত ভুলৰ বাবে ক্ষমা বিচাৰিছো। •
: : :
মৰহুম হাকিম
আলী দেৱানী
:
নুৰুল হক
যতিগাঁও
ভাৰতৰ দলিত
সম্প্ৰদায়ৰ লোকসকলে
সামাজিক বৈষম্যৰ
বলি হৈ
ইছলামৰ উদাৰতাৰ
প্ৰতি আকৰ্ষিত
হৈছিল। বহু দলিত
সম্প্ৰদায়ৰ মানুহে ইছলাম
ধর্ম গ্রহণ
কৰিছিল। বংগ দেশতো
দলিত সম্প্ৰদায়ৰ
বহু হিন্দু
মানুহে ইছলাম
ধর্ম গ্ৰহণ
কৰি মুছলমান
হৈছিল। দলিত সম্প্ৰদায়ৰ বেছিভাগ
মানুহৰে অৰ্থনৈতিক
অৱস্থা বেয়া
আছিল। ধর্মান্তৰিত হোৱাৰ
পিছতো তেওঁলোকৰ
আৰ্থিক অৱস্থাৰ
বেছি পৰিৱৰ্তন হোৱা নাছিল।
বৃটিছে অসমৰ
পতিত মাটিত
পূৰ্ববংগৰ পৰা
এই বংগভাষী
মুছলমানসকলক অসমত
সংস্থাপিত কৰি
কৃষি কাৰ্যৰ
জৰিয়তে ধান, মৰাপাট আৰু ৰবি
শস্যৰ চাহিদা
পূৰণ কৰাৰ
উপৰিও ৰাজহ
বৃদ্ধিৰ ওপৰত
গুৰুত্ব দিছিল। পূৰ্ববংগৰ পৰা প্ৰব্ৰজিত
হোৱা মুছলমান
সকলৰ উপৰিও বঙালি
হিন্দু সম্প্ৰদায়ৰ
মানুহে কুমাৰশিল্প,
মৎস্য জীৱিকা
আৰু ব্যৱসায়
সূত্ৰে অসমলৈ
প্ৰব্ৰজিত হৈছিল। এই দুয়ো সম্প্ৰদায়ৰ লোকসকল শিক্ষা-দীক্ষা সভ্যতা সংস্কৃতি
সকলো ক্ষেত্ৰতে
পিছ পৰা
আছিল।
এই লোকসকলৰ
মাজত এচাম
বিদ্যানুৰাগী মানুহে
এই শ্রমজীৱী
মানুহবোৰক শিক্ষাৰ
আলোকেৰে আলোকিত
কৰিবলৈ অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত
শিক্ষানুষ্ঠান খোলাৰ
প্ৰয়াস কৰিছিল
আৰু এই
প্ৰয়াসৰ ফলতেই
অসমৰ বিভিন্ন
সংখ্যালঘু অঞ্চলৰ
লগতে মন্দিয়াতো শিক্ষানুষ্ঠান
গঢ়ি উঠিবলৈ
ধৰিছিল। শিক্ষাৰ লগত
জড়িত যিসকল
ব্যক্তিয়ে মন্দিয়া
অঞ্চলত শিক্ষাৰ
প্ৰসাৰৰ গুৰি
বঠা ধৰিছিল সেই সকলৰ ভিতৰত
অন্যতম ব্যক্তি
আছিল মৰহুম
হাকিম আলী
দেৱানী। তেওঁৰ সমসাময়িক
যিসকল ব্যক্তিয়ে
শিক্ষাৰ ক্ষেত্ৰত
আগভাগ লৈছিল সেইসকল
হৈছে – ডাঃ আব্দুচ ছাত্তাৰ,
কুৰবান আলী
মিঞা, হাচিম বেপাৰী, দিল মহম্মদ চৰকাৰ,
হিকমত আলী
আহমেদ, জছিম উদ্দিন দেৱালী, কছেৰুদ্দিন চৰকাৰ, সতিশ চন্দ্ৰ সাহা,
ননিগোপাল সাহা,
হৰ্ষেৰাম দাস
গাঁওবুঢ়া, মুন্সি আইনুদ্দিন চৌধুৰী,
গিৰিশ চন্দ্ৰ
মেধি, আব্দুল হামিদ
মুন্সি (কপোহা), ছমিৰুদ্দিন বেপাৰী
(কপোহা), আব্দুল হামিদ মণ্ডল
(বৰপাল্লি), হাজী মনতাজ আলী
(তেতলিতল), নৰহৰি মজুমদাৰ
(বৰপেটা), মৰহুম ৰহম আলী
(আগমন্দিয়া) আৰু
বহুতো বিদ্যানুৰাগী
মানুহ। এইখিনিতে উনুকিয়াই
থোৱা ভাল
যে, ১৯৩১ চনৰ লোকপিয়লত
এই সংখ্যালঘু
মুছলমান সকলে
মাতৃভাষা অসমীয়া
লিখি এক
নজিৰ স্থাপন
কৰিছিল।
উল্লেখিত সকলৰ
ভিতৰত মৰহুম
হাকিম আলী
দেৱানী আছিল
স্কুল স্থাপনৰ
ক্ষেত্ৰত লাইখুটা
স্বৰূপ। মন্দিয়াৰ বিভিন্ন
অঞ্চলত অসমীয়া মাধ্যমৰ
প্ৰাথমিক বিদ্যালয়
আৰু এম
ই স্কুল, মাদ্রাছা সমূহ
গঢ় লোৱাৰ
পিছত মন্দিয়াত
এখন হাইস্কুল
প্রতিষ্ঠাৰ চিন্তা
কৰা হয়। ১৯৫৬
চনত মন্দিয়াত
এখন হাইস্কুল
প্রতিষ্ঠা কৰা
হয়। স্কুল পতাৰ
ক্ষেত্ৰত মাটিৰ
অভাৱেই প্রধান
সমস্যাৰূপে দেখা
দিয়ে। হাকিম আলী দেৱানীয়ে মন্দিয়া বজাৰ
সংলগ্ন তেওঁৰ
নিজ নামৰ
৭ বিঘা মূল্যবান মাটি
দান দিয়াত
এই সমস্যা
সমাধান হয়। ইয়াৰ লগত খেল
পথাৰৰ প্রয়োজন পূৰাবলৈ
পূব ফালৰ
ৰাস্তা সংলগ্ন
৫ বিঘা মাটি মুন্সি
আইনুদ্দিন চৌধুৰীয়ে
দান দি
খেল পথাৰৰ
সমস্যা সমাধান
কৰে। মন্দিয়া হাইস্কুলৰ প্ৰতিষ্ঠাপক
সভাপতি হয়
মৰহুম হাকিম
আলী দেৱানী। এই বিদ্যালয় বৰ্তমান
উচ্চতৰ মাধ্যমিক
শাখালৈ উন্নীত
হৈছে। এতিয়া বিজ্ঞানৰ শিক্ষাদান
দি থকা
হৈছে।
মৰহুম হাকিম
আলী দেৱানী
আৰু আইনুদ্দিন
চৌধুৰীয়ে বিদ্যালয়ৰ
মাটিৰ সমস্যা
দূৰ নকৰিলে
বিদ্যালয় স্থাপনত
যথেষ্ট জটিলতা আহিলেহেঁতেন। মই যেতিয়া এই
বিদ্যালয়ৰ ছাত্ৰ,
তেতিয়া মহুম
দেৱানী চাহাবক
বিদ্যালয়লৈ আহি
খা-খবৰ লোৱা
দেখিছিলো। তেওঁৰ শাৰীৰিক অৱস্থা
বেয়া হোৱাৰ
পিছত তেওঁৰ
দুই পুত্ৰ
ছৈয়দ আলী
দেৱানী আৰু
পিয়াৰ আলী
চাহাবে বিদ্যালয়ৰ
গুৰি বঠা
ধৰিছিল।
পশ্চাদপদ এই
সংখ্যালঘু অধ্যুষিত
অঞ্চলত মাটিৰ
বিবাদ বা
অন্যান্য বিবাদ
হ’লৈ ছৈয়দ
আলী আৰু
পিয়াৰ আলীয়ে
দুই ভাই
ককাইয়ে মামলা মোকাদমালৈ
ঠেলি নিদি
সামাজিকভাবে সমস্যা
সমাধান কৰিছিল। মৰহুম হাকিম আলী
দেৱানীৰ পুত্ৰ
ছৈয়দ আলীৰ
ল’ৰা আব্দুছ ছামাদ উচ্চ শিক্ষাৰে
শিক্ষিত হৈ
বামুনদংৰা উচ্চতৰ
মাধ্যমিক বিদ্যালয়ত
ইংৰাজীৰ বিষয়
শিক্ষক হিচাপে
চাকৰিত যোগ
দিছিল। এটা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোতে তেওঁ চাকৰি
ইস্তাফা দিছিল। নিৰ্বাচনত পৰাজয়বৰণ কৰি
পিছলৈ ময়নবড়ি
উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত বিষয় শিক্ষক
হিচাপে যোগ
দিয়ে যদিও
কিছুদিন পিছত
এটা পথ
দুৰ্ঘটনাত তেওঁৰ
মৃত্যু হয়। লগত থকা একমাত্র
পুত্ৰৰ প্ৰাণৰক্ষা
পৰে। পুত্ৰ সন্তানটো এতিয়া
এজন ডাক্তৰ।
হাকিম আলী
দেৱানীৰ পূৰ্বপুৰুষসকল
অবিভক্ত ভাৰতৰ
পূৰ্ববংগৰ ঢাকা
জিলাৰ ৰোৱাইল
গাঁওৰ পৰা
আহিছিল। সৰুৰে পৰা সাহসী হাকিম আলী
দেৱানী স্বাধীনচিতিয়া বিচক্ষণ বুদ্ধিৰ লোক
আছিল৷ নেতৃত্ব
দিয়াৰ গুণো
আছিল জন্মগত। এনে গুণৰাজিৰ বাবে
ডেকা বয়সত ঢাকা
জিলাৰ কোনোবা
জমিদাৰে তেওঁক
লাঠিয়াল বাহিনীৰ
নায়কৰ পদত
নিযুক্তি দিছিল। খাজনা আদায়, শান্তি ৰক্ষা আৰু
জমিদাৰৰ নিৰাপত্তা ৰক্ষাৰ
হকে বহুত
সময়ত তেওঁ
নিষ্ঠুৰ হ’বলগীয়া হৈছিল। সেইবাবে এই কামৰ
প্ৰতি বীতশ্রদ্ধ
হৈ দয়ালু
অন্তৰৰ হাকিম
আলী দেৱানীয়ে পদত্যাগ
কৰে আৰু
১৯১৯ চনত
নৌকাযোগে ভাগ্যৰ
সন্ধানত অসমলৈ
প্ৰব্ৰজন কৰে। তেওঁ অসমলৈ আহি
মন্দিয়াৰ পৰা
তিনি কিলোমিটাৰ মান
দক্ষিণ ফালে
মৌৰি গাঁওত
স্থায়ীভাৱে ঘৰ
দুৱাৰ সাজি
বাস কৰিবলৈ
লয়। কিছুমাটি বৰপেটাৰ
মাটিগিৰিৰ পৰা
কিনি লয় আৰু বন-জংঘল ছাফা
কৰি কেবাশ
বিঘা মাটিৰ
মালিক হয়। প্রাথমিক শিক্ষাৰ অভাৱ
পূৰ্ণ কৰিবলৈ
স্বাধীনতাৰ বহু
আগতে নিজ
গাঁওত অসমীয়া মাধ্যমৰ
প্ৰাথমিক স্কুল
স্থাপন কৰিছিল।
১৯৫০ চনৰ
পিছত ভাৰত
চৰকাৰে মাটিৰ
চিলিং 200 বিঘালৈ হ্ৰাস কৰাত
কেবাশ বিঘা
মাটি ৰায়ত
আৰু আধিয়াৰ
সকলৰ মাজত ভাগ কৰি দিছিল। সেই মাটি নিজৰ
পৰিয়ালৰ নামত
ঘূৰাই আনিবলৈ
কোনো আইনী
প্রক্রিয়া বা
কুট কৌশলৰ
আশ্ৰয় লোৱা
নাছিল।
বন-জংঘল চাফা
কৰি মন্দিয়া
অঞ্চলৰ কৃষক
সকলে কৃষি
কাৰ্যৰ জৰিয়তে
উৎপাদিত ফচলৰ
বেচা কিনাৰ
বাবে এখন
সমূহীয়া বজাৰৰ প্ৰয়োজনীয়তা
অনুভৱ কৰি
1920 চনতে মন্দিয়াত
সাপ্তাহিক বজাৰ
স্থাপন কৰে। প্রতি সোমবাৰে সেই
বজাৰ মন্দিয়া
হাট নামেৰে পৰিচিতি লাভ কৰি
আহিছে। ভাৰতৰ ৰাষ্ট্ৰপতি
আৰু সেই
সময়ত অসমৰ
বিত্তমন্ত্রী ফখৰুদ্দিন
আলী আহমেদ
চাহাবে মন্দিয়ালৈ
আহিলে হাকিম আলী
দেৱানীৰ খবৰ
লৈছিল। ছেগ চাই
দেৱানী চাহাবে
ফখৰুদ্দিন চাহাবক
হাতত ধৰি
মন্দিয়া হাইস্কুলখনলৈ
চৰকাৰী অনুদান
দিবলৈ অনুৰোধ কৰিছিল
আৰু মন্দিয়া
ঘাটত এখন
দলং নিৰ্মাণ
কৰিবলৈ অনুদান
দিবলৈ খাটনি
ধৰিছিল।
মহুম হাকিম
আলী দেৱানীয়ে
এখন বৃহৎ
পৰিয়াল এৰি
গৈছে। এই পৰিয়ালটোত
কেবাজনো স্নাতকোত্তৰ
ডিগ্ৰীধাৰী সদস্য, উকিল, ফার্মাচিষ্ট আৰু
স্নাতক ডিগ্ৰীধাৰী
ব্যক্তি আছে। এইজনা মহান সমাজ
সেৱকৰ বদন্যতাতে
মন্দিয়া অঞ্চলত
শিক্ষাৰ পোহৰ
পৰি আজিও উজ্জ্বল
চাকিৰ দৰে
জিলিকি আছে। এইজনা সমাজ সেৱকৰ
জন্মৰ তাৰিখ
অজ্ঞাত। তেখেতে যোৱা
১৯৭৭ চনত
এই বিনন্দীয়া
ধৰা ধামৰ পৰা
চিৰবিদায় মাগিছে। •
: : :
মহুম ফাজিল
উদ্দিন চৰকাৰ
:
আনোৱাৰ হুছেইন
পাহাৰপুৰ
মৰহুম ফাজিল
উদ্দিন চৰকাৰে
১৯১২ চনত
পূৰ্ববংগৰ মৈমনসিং
জিলাৰ নাগৰপুৰৰ
পৰা অসমৰ
কামৰূপ জিলা (বৰ্তমান বৰপেটা
জিলা)ৰ মন্দিয়া মৌজাৰ
বামুন দংৰাত
বসতি স্থাপন
কৰে। তেখেতৰ জন্ম
হৈছিল ১৮৯১
চনত অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ নাগৰপুৰত। বৰপেটাৰ কুঞ্জ বেপাৰী
আৰু ভাৰত
বেপাৰীয়ে সেই
সময়ত ধানৰ
বেপাৰৰ সূত্ৰে
পূৰ্ববংগৰ লগত সম্পৰ্ক
ৰাখিছিল। ফাজিল উদ্দিন
চৰকাৰে এই
বেপাৰী দুগৰাকীৰ
লগত আলাপ-আলোচনা কৰি
অসমলৈ আহি খোলাবান্ধা পাঘাটত পদাৰ্পণ
কৰিছিল। তাৰ পাছত
তাৰাবাৰী, বহৰি আৰু ভেল্লা
হৈ বৰ্তমানৰ
বামুনদংৰাত আহি
থিতাপি লয়। সেই সময়ত
ইয়াত বামুন
সম্প্ৰদায়ৰ হিন্দু
লোক আছিল। সেই সূত্রে গাঁওখনৰ
নাম হয়
বামুনদংৰা। মাটিৰ খাজনা পৰিশোধ কৰাটো এই
অঞ্চলৰ দুখীয়া
কৃষকসকলৰ বাবে
কষ্টকৰ আছিল। কাৰণ মাটি বন
জংঘলেৰে ভৰা
আছিল আৰু
কৃষি কার্য কৰিব
নোৱাৰিছিল। সেই বাবে
এই অঞ্চলৰ
হিন্দু মানুহে
প্ৰব্ৰজনকাৰী মুছলমানসকলক
খুব কম
মূল্যত মাটি
বিক্ৰী কৰিছিল ।
ফাজিল চৰকাৰ
চাহাবক সেই
অঞ্চলৰ মানুহে
আকোৱালি ল’লে। পূৰ্ববংগত থকা
চৰকাৰৰ পিতৃ
আৰু ভাইসকলক আনি অতি সহজতে
স্থানীয় লোকৰ
সহযোগত সংস্থাপন
দিলে। চৰকাৰ চাহাব
অতি অতিথি
পৰায়ণ লোক
আছিল। তেখেতৰ ব্যৱহাৰত স্থানীয়
লোকসকল সন্তুষ্ট
হৈছিল ।
পূৰ্ববংগৰ পৰা
কাম আৰু
মাটি বিচাৰি
অসমলৈ অহা
দুৰ্ভগীয়া লোকসকলে চৰকাৰ
চাহাবৰ ঘৰত
আশ্ৰয় লৈছিল। লাহে লাহে চৰকাৰ
চাহাবৰ বদান্যতাত
সমগ্ৰ অঞ্চলতে
জনবসতি হ’বলৈ ধৰে।
ধর্মপ্রাণ চৰকাৰে
বামুনদংৰাত ১৯১৪
চনত মোক্তাব
আৰু মছজিদ
স্থাপনৰ জৰিয়তে
প্ৰথমবাৰৰ বাবে
ৰাজহুৱা অনুষ্ঠানৰ ভেটি স্থাপন কৰে। ১৯৩৫ চনত ৩৫০
নং বামুনদংৰা
প্ৰাথমিক বিদ্যালয়খন
স্থাপন কৰি
এই অঞ্চলত
অসমীয়া মাধ্যমৰ শিক্ষাৰ শুভাৰম্ভ কৰে। ১৯৪৪ চনত বামুনদংৰাত
এখন এম
ই স্কুল স্থাপন কৰি
পূৰ্ববংগৰ পৰা
কিছু শিক্ষিত
নিবনুৱাক আনি সংস্থাপনৰ চেষ্টা কৰে। তেওঁৰ লগত আতৰ
আলী বেপাৰী,
শুকুৰ আলী
প্রমুখ্যে বহু
গণ্যমান্য ব্যক্তিয়ে
এই অনুষ্ঠানৰ
লগত জড়িত হৈ
দুখীয়া মানুহক
শিক্ষাৰ পোহৰ
বিলাইছিল। পূৰ্ববংগৰ পৰা
অহা শিক্ষকসকল
ইয়াত স্থায়ীভাবে
থাকিবলৈ ইচ্ছা নকৰাত বিদ্যালয় চলাবলৈ
বাৰুকৈয়ে শিক্ষকৰ
অভাব হৈছিল। তাৰোপৰি এই অঞ্চলত
স্থানীয় লোকৰ
মাজত কোনো শিক্ষিত মানুহ নাছিল
বুলিয়ে ক’ব পাৰি। তথাপি শিক্ষাপ্রেমী চৰকাৰ
চাহাবে আশা
এৰা নাছিল। ১৯৪৭ চনত দেশ
স্বাধীন হোৱাৰ পিছত
চৰকাৰ চাহাবে
ৰাজনৈতিক নেতাসকলৰ
প্রিয়ভাজন হয়। ১৯৫২ চনত স্বাধীন
ভাৰতৰ প্ৰথম
সংসদীয় নিৰ্বাচনত কংগ্ৰেছৰ
নেতাসকলে আহি
প্রথমেই চৰকাৰ
চাহাবৰ শৰণাপন্ন
হৈছিল। এসময়ত অবিভক্ত
জনীয়া সমষ্টিৰ বিধায়ক ফখৰুদ্দিন আলী
আহমেদৰ চৰকাৰৰ
সৈতে সুসম্পর্ক
গঢ়ি উঠে। সেই সুবাদতে ১৯৫৬
চনত ৰাইজৰ
দান বৰঙণিৰে বামুনদংৰা হাইস্কুল স্থাপন
কৰে। এই বিদ্যালয়ৰ
লগতে মছজিদৰ
বাবে প্ৰয়োজনীয়
মাটি দান
দিয়ে। ১৯৬০ চনত
বামুনদংৰা হাইস্কুলে চৰকাৰী
ঘাটি মঞ্জুৰীপ্রাপ্ত বিদ্যালয়ৰ মৰ্যাদা পায়। চৰকাৰ চাহাব এই
বিদ্যালয়ৰ প্ৰথম
সম্পাদক আছিল
৷ ফখৰুদ্দিন আলী আহমেদ চাহাব
অসমৰ বিত্তমন্ত্রী
থকা সময়ছোৱাত
চৰকাৰ চাহাবে
তেখেতৰ সহযোগত
বিদ্যালয়খনৰ উন্নয়ন কৰিবলৈ সমৰ্থ হয়। বৰপেটা-মন্দিয়া-বামুনদংৰা সংযোগী গড়কাপ্তানী
পথ নির্মাণতো
চৰকাৰ চাহাবৰ
অৱদান আছে।
বৃহত্তৰ বামুনদংৰাৰ
মানুহে চৰকাৰ
চাহাবৰ প্ৰচেষ্টাতেই
মাটিৰ পট্টা
পাইছিল। অবিভক্ত বৃটিছ
ভাৰতবৰ্ষতো অফিচ
আদালতত চৰকাৰ চাহাবৰ
বিশেষ প্রভাব
আছিল। সেই অঞ্চলৰ
মানুহৰ বিপদ
আপদত চৰকাৰ
চাহাবে সদায়ে
সহায়ৰ হাত
আগবঢ়াইছিল। ১৯৭৪ চনত ফখৰুদ্দিন
আলী আহমেদ
চাহাব ভাৰতৰ
পঞ্চম ৰাষ্ট্রপতি
নির্বাচিত হোৱাৰ
পিচতো চৰকাৰ
চাহাবৰ লগত মধুৰ সম্পৰ্ক আছিল। হাবিদংৰা সাপ্তাহিক বজাৰ
স্থাপন, আঞ্চলিক ঈদগাহ আৰু
কৱৰস্থান নির্মাণতো
চৰকাৰৰ অৱদান
উল্লেখযোগ্য। হাবিদংৰা শাখা
ডাকঘৰ আৰু
উপস্বাস্থ্য কেন্দ্ৰ
স্থাপনৰ গুৰি
ধৰোতাও আছিল। নিজৰ ঘৰখনতকৈও আপোন বুলি ভবা বামুনদংৰা
উচ্চ মাধ্যমিক
বিদ্যালয় তেখেতৰ
প্ৰচেষ্টাতে ১৯৮৫
চনত উচ্চতৰ
মাধ্যমিক বিদ্যালয়লৈ
উন্নীত হয়।
বিদ্যালয়ৰ ফলাফল
সমগ্ৰ জিলাৰ
ভিতৰতে লেখত
ল’বলগীয়া হোৱাত
চৰকাৰ চাহাবে
গৌৰৱ অনুভৱ
কৰিছিল। তেখেতৰ জীৱন কালত
আটাইতকৈ দুখজনক
ঘটনা আছিল
১৯৯০ চনৰ
১২ডিচেম্বৰত চকুৰ
মণি স্বৰূপ
বামুনদংৰা উচ্চতৰ
মাধ্যমিক বিদ্যালয়ত অগ্নি
সংযোগৰ ঘটনা। সেই বছৰত দস্যুৰ
এটা দলে
বিদ্যালয়খনৰ একাদশ
শ্ৰেণীৰ এগৰাকী
ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলাই ব্যর্থ
হয়। তেতিয়াৰ বিষয়
শিক্ষক আব্দুচ
ছামাদৰ নেতৃত্বত
বিদ্যালয়ৰ সাহসী
ছাত্ৰ-ছাত্ৰীয়ে দুর্বৃত্তৰ অপচেষ্টাত বাধা আৰোপ কৰে। পৰাজিত দুর্বৃত্তই পোতক
তুলিবলৈ বিদ্যালয়ত
অগ্নি সংযোগ
কৰা বুলি
সন্দেহ কৰা
হয় ।
নিজে প্রতিষ্ঠা কৰা বিদ্যালয়খন জুইত
ভষ্মীভূত হোৱা
ঘটনাই চৰকাৰ
চাহাবৰ অন্তৰত
বেয়াকৈ আঘাত
দিয়ে। অন্তৰৰ বেদনা
কাকো দেখাব পৰা
নাছিল ।
আমি পিছলৈ
চৰকাৰৰ হাঁহিমুখ
আৰু কেতিয়াও
দেখা নাপালো। চৰকাৰ চাহাবৰ আন
এটা দুখ
আছিল, যে তেখেতে
স্থাপন কৰা
বিদ্যালয়ৰ জৰিয়তে
তেখেতৰ সতি-সন্ততি উচ্চ
শিক্ষিত কৰিব
নোৱাৰিলে ৷
তথাপিও বামুনদংৰা অঞ্চলৰ পৰা বহু
উচ্চশিক্ষিত মানুহ
ওলোৱাত তেখেতে
গৌৰৱ অনুভৱ
কৰিছিল। তেখেতে স্থাপন
কৰা বিদ্যালয়ত
তেখেতৰ বৰপুত্ৰ নুৰুল
ইছলাম চাহাবে
চতুৰ্থবৰ্গৰ চাকৰিত
যোগ দি
অৱসৰ লৈছে। পিচলৈ নুৰুল ইছলাম
চাহাবৰ হজলৈ
যোৱাৰ সৌভাগ্যও হৈছিল। এই সমাজ দৰদী
শিক্ষাপ্রেমী লোকজনে
আমাৰ মাজৰ
পৰা ১৯৯৭
চনৰ ২২
আগষ্ট তাৰিখে
চিৰবিদায় লয়। ফাজিল চৰকাৰ
আজি আমাৰ
মাজত নাই,
কিন্তু তেখেতে
প্রতিষ্ঠা কৰা
অনুষ্ঠান-প্রতিষ্ঠানে তেখেতৰ নাম
চিৰদিন জিলিকাই ৰাখিব।
•
: : :
Biography
of Bilayet Hussain
Salim
Uddin Ahmed,
Damaljar,
Early Life: Bilayet
Hussain, a well known teacher, was born on 1st January, 1950 at the Village
Palhazi, of Barpeta
District. His father Chandu Miya was a small businessman and his mother Bilaton
Nessa was a pious women.
Bilayet Hussain was the second Child of three children of Chandu Miya. During
childhood, Bilayet Hussain was a
easy going and a simple boy.
Education: Bilayet
Hussain took his primary Education from 78 No. Palhazi Balak LP school. He
completed his
matriculation from Tarabari High School in 1966. After complete of
matriculation, he was admitted to M.C College,
Barpeta, from where he completed his PU in 1968. Bilayet Hussain completed his
Graduation in Geography
from Pragjyotish College, Ghy in 1972.
Carrier: Bilayet
Hussain, joined at Palhazi High School (At present it is known as Palhazi
Higher Secondary School)
as Assistant Teacher in 1975. He was selected as the SI of Police, but having
interest in teaching job, he denied that
post. As a teacher, he was professionally qualified. He was an ideal teacher,
was punctual in his
duty. He was
also appreciated by his colleague for his sincerity and punctuality in his
profession.
Literacy
works :
Bilayet Hussain was a playwright. Some of play was “Ramala”, “Doi Bhai” etc.
As a Football
Player:
Bilayet Hussain was a good football player at district
level. He played as a goalkeeper. He was also a
referee who run many district level football game successfully. His
Contribution to Society: Bilayet Hussain contributed to society in many ways.
He donated 5. – bigha land for
establishment of a High School. Later this school was named by SMDC as B.H.
High School (Bilayet Hussain High
School). He was also a Secretary of Palhazi Jama Masjid for two years. He was
first shareholder member
of Azad Anchalik Cooperative Society. He had taken much initiative for
establishment of schools and Abul Hussain:
other social institution. As a leader, he played a vital role during Assam
Movement 1979-1985. In his leadership, he called
Sarat Chandra Sing then CM of Assam to Palhazi to discuss the contemporary
issues and problems.
Observing his
contribution to society, Palhazi Progressive Society, a Non-Govt. Organization
introduced to give
award to Meritorious students in the name of " Bilayet Hussain Pratibha
Award" from 2007.
Marriage
Life:
Bilayet Hussain married Roushanara Begum, a daughter of Mazibar Rahman who a
was a Lat
Mandal. He had one son, named Safiul Hussain BHMS, and two daughter Nilufar
Yeasmin M.A, and Selima
Aktar J.E. He was successful in his conjugal life.
Death: Bilayet
Hussain was Hospitalized in Guwahati Polyclinic Nursing Home. He died of
Typhoid on 5th January,
2007. His funeral (Janaza) was attended by an estimated eight to ten thousand
people. He died before end of his
service life. His death was a huge loss for the society.
END

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন