দিগ্বিজয়ী বাবৰ(ঐতিহাসিক উপন্যাস)
দিগ্বিজয়ী বাবৰ নিবেদন বাবৰ ভাৰতবৰ্ষৰ মধ্যযুগীয় ইতিহাসৰ এগৰাকী মহান ও বিখ্যাত চৰিত্র । বাবৰ আছিল ' ধৈর্য , সাহস , ত্যাগৰ মহিমাৰে মহিমামণ্ডিত এক বিস্ময়কৰ বিবল প্ৰতিভাৰ অধিকাৰী। বাবৰৰ জন্ম ১৪৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত। মাথোন এখাৰ বছৰ বয়সতে তেওঁ পিতৃহীন হয় ; কিন্তু নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ বলত তেওঁ অলেখ বাধা-বিঘিনি , দুখ-কষ্ট , লাঞ্ছনা-বঞ্চনাৰ সুউচ্চ পর্বত লঙ্ঘি দেশৰ পাছত দেশ জয় কৰি আহি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ইং ১৫২৬ চনৰ ২১ এপ্ৰিলত হোৱা পানীপতৰ যুদ্ধত তেওঁ ইব্রাহীম লোডীক পৰাস্ত কৰি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ পাতনি মেলে আৰু ২৭ এপ্ৰিলত তেওঁ দিল্লীৰ সিংহাসনত আৰোহণ কৰে৷ মাথোন চাৰি বছৰকাল তেওঁ ভাৰতৰ শাসনভাৰ চণ্ডালে। এই চাৰি বছৰতে তেওঁ ৰাজনৈতিক , অর্থনৈতিক আৰু সামাজিক দিশত ভাৰতৰ প্রভূত উন্নতি সাধন কৰিবলৈ সক্ষম হয়। ১৫৩০ চনৰ ২৬ ডিচেম্বৰত বাবৰৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসূৰীসকলে তিনিশ বছৰতকৈও অধিককাল ভাৰতবৰ্ষৰ শাসনভাৰ চণ্ডালে।...