পোস্টগুলি

মার্চ, ২০২৬ থেকে পোস্টগুলি দেখানো হচ্ছে

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

ছবি
                ভাৰতৰ প্ৰথম নিৰ্বাচন - ১৯৫২ ১৯৫০ চনত নিৰ্বাচন কৰাৰ কাৰণে নিৰ্বাচন কমিচন গঠন কৰা হয় আৰু মুখ্য নিৰ্বাচন কমিচনাৰ হিচাপে নিযুক্তি দিয়া হয় সুকুমাৰ সেনক। সুকুমাৰ সেন এজন গণিতজ্ঞ আছিল জ্যেষ্ঠ আইএএচ বিষয়া আছিল।তেওঁ তেতিয়া পশ্চিম বংগৰ মুখ্য সচিব আছিল। জৱাহৰলাল নেহৰুৱে ১৯৫১ চনৰ প্ৰাৰম্ভতে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছিল। কিন্তু ইমান খৰতকীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহ ’ ব বুলি সুকুমাৰ সেনে জনাইছিল আৰু তেওঁ এখন ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণে উদ্যেগ গ্ৰহণ কৰিছিল। কিন্তু তেতিয়া ভোটাৰ তালিকা প্ৰস্তুত কৰাটো সিমান সহজ কাম নাছিল। কাৰণ তেতিয়া শিক্ষিতৰ হাৰ খুবেই কম আছিল। বহুতে নিজৰ স্বামীৰ নাম ক ’ বলৈ সংকোচ কৰিছল। যাৰ ফলত ভোটাৰ তালিকা প্ৰস্তুত কৰাটোও কঠিন কাম আছিল। যাৰ ফলত তেওঁ ২৮ লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দি দিছিল। ফলত ৰাজনৈতিক নেতাসকল তেওঁৰ প্ৰতি বিৰূপ হৈ উঠিছিল। কিন্তু এই কামৰ ফলত পাছত আটায়ে ভোটাৰ লিস্টত নাম অন্তৰ্ভূক্ত কৰাৰ কাৰণে আগ্ৰহী হৈ উঠিছিল। কিন্তু মানুহবিলাক অশিক্ষিত হোৱাৰ কাৰণে প্ৰতীকৰ ব্যৱস্থা কৰিব লগা হৈছিল। কংগ্...