পোস্টগুলি

অক্টোবর, ২০২৪ থেকে পোস্টগুলি দেখানো হচ্ছে

শাস্তি (অনুবাদ উপন্যাস)

ছবি
  শাস্তি (উপন্যাস)      মূল উড়িয়া-কাহ্নু চৰণ মহান্তি                     অনুবাদকৰ দু-আষাৰ     মূল উপন্যাসখন উৰিয়া ভাষাত ৰচিত আৰু ১৯৪৫ চনৰ মহালয়াত প্ৰকাশিত। উপন্যাসখনৰ লেখক কা হ্নু চৰণ মহান্তি এগৰাকী লব্ধপ্ৰতিষ্ঠ কাহিনীকাৰ। ইতিমধ্যে উপন্যাসখনৰ চৈধ্যটা সংস্কৰণ প্ৰকাশ পাইছে। ইয়ে উপন্যাসখনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ প্ৰমাণ দিয়ে। উপন্যাসখনৰ কাহিনীভাগ খুবইে কৰুণ , সাৱলীল আৰু বাস্তৱধৰ্মী। কাহিনীভাগে পাঠকৰ মনোৰঞ্জন কৰাৰ লগতে সংঘাতময় জীৱন বাটত বাট বুলাৰ কাৰণে বাটৰ সন্ধান আৰু প্ৰেৰণা দিয়ে। উপন্যাসখনৰ কাহিনীভাগৰ প্ৰতি আকৃষ্ট হৈয়ে উপন্যাসখন অনুবাদ কৰিবলৈ লোৱা হৈছিল ; কিন্তু উড়িয়া ভাষাৰ জ্ঞান সীমিত হোৱাৰ কাৰণে মাজে মাজে উজুটি খাব লগা হৈছে। সহৃদয় পাঠকসকলে মোৰ এই দৃষ্টতা মার্জনা কৰিব বুলি আশা থাকিল। উপন্যাসৰ মূল কাহিনীভাগ যথাযথ ৰখাৰ কাৰণে যত্ন কৰা হৈছে। এই ক্ষেত্ৰত ম‍ই কিমানখিনি সফল হৈছোঁ সেই বিচাৰৰ ভাৰ পাঠক সমাজৰ ওপৰত থাকিল। উপন্যাসখন পাঠকসমাজে আদৰি ল ' লে ...