ছাহজাহান দুহিতা জাহানাৰাৰ আত্মকাহিনী
ছাহজাহান দুহিতা জাহানাৰাৰ আত্মকাহিনী
জাহানাৰাৰ সমাধি
বগায়েৰ সবজ্ পোশদ কসে মজাৰে মৰা
কে কৰব-পোষে গৰিবী হামিন্ গিয়া বস্ অস্ত।
(তৃণৰ বাহিৰে মোৰ সমাধিৰ ওপৰত কোনো আৱৰণ নিদিবা
এই তৃণই অৱনমিতাৰ সমাধিৰ আৱৰণ হওঁক ।)
চুফী চিস্তী শিষ্যা, ছাহজাহান
দুহিতা জাহানাৰা, ক্ষণভংগুৰ জাহানাৰা, বিনীতা
জাহানাৰা।
জিলকদ, ১০৯২ হিজৰী,
(১৬৮০ খ্রীষ্টাব্দ, জুলাই)
চৰিত্ৰ পৰিচয়
তৈমুৰ—-চমৰকন্দৰ আমীৰ, ভাৰত বিজেতা
বাবৰ- তৈমূৰৰ ষষ্ঠ বংশধৰ। পাণিপথ যুদ্ধ বিজেতা
আকবৰ-—ভাৰতৰ শ্ৰেষ্ঠ মোগল সম্রাট।
ছাহজাহান- তাজমহল নির্মাতা মোগল সম্রাট।
দাৰা শুকো- ছাহজাহানৰ পুত্ৰ।
শুজা-
-ঐ-
ঔৰঙ্গজেব-
-ঐ-
মুৰাদ--
-ঐ-
চোলেমান শুকো —দাৰাৰ পুত্ৰ।
চিপাৰ শুকো-
-ঐ-
শায়েস্তা খাঁ——-আমীৰ, নুৰজাহানৰ ভ্ৰাতা,
আচফ খাঁৰ পুত্ৰ পাছত বাংলাৰ চুবেদাৰ। খলিলুল্লাহ খাঁ — মোগল মনচবদাৰ ও ঔৰঙ্গজেৱৰ বন্ধু।
নজবৎ খাঁ— বলখৰ আমীন, জাহানাৰাৰ
হতাশ প্রেমিক, দাৰাৰ শত্ৰু।
মীৰজুমলা—চাহজাহানৰ আমীৰ, গোলকুণ্ডাৰ উজীৰ, ঔৰঙ্গজেৱৰ অনুচৰ পাছত বাংলাৰ
চুবেদাৰ।
আমীন খাঁ— মীৰজুমলাৰ পুত্ৰ।
ছত্রশাল বুন্দেলা, দুলেৰা— বুন্দীৰাজ, মোগল সাম্ৰাজ্যৰ সামন্ত, জাহানাৰাৰ ৰাখীবন্ধন ভায়েক।
জয়সিংহ— অম্বৰৰাজ।
ৰাম সিংহ- ঐ পুত্র।
দিলওয়াৰ খাঁ—প্রথমে দাৰাৰ অনুচৰ পাছত ঔৰঙ্গজেৱৰ অনুচৰ।
চেলিম চিশতী- মোগল
যুগৰ অন্যতম শ্রেষ্ঠ পীৰ, সাধু।
যোধাবাঈ (মিৰিয়ম জমানী)- অম্বৰৰাজ বিহাৰীমলৰ
কন্যা, আকবৰৰ প্ৰধানা
মহিষী।
নুৰজাহান—জাহাংগীৰৰ মহিষী।
তাজবেগম - চাহজাহানৰ মহিষী।
জাহানাৰা—- ছাহজাহানৰ কন্যা।
ৰোশন-আৰা
—ঐ- ।
নদিৰা-
দাৰাৰ স্ত্ৰী
জানি বেগম— দাৰাৰ কন্যা।
প্ৰস্তাৱনা
মোগল ৰাজবংশত
আত্মজীৱনী লিখাৰ পৰম্পৰা প্ৰচলিত আছিল। মোগল ৰাজবংশৰ প্রতিষ্ঠাতা তৈমুৰে লিখিছিল-
মালফুজাতে-ই-তৈমূৰা— তৈমূৰৰ আত্মকাহিনী, বাবৰে লিখিছিল-
তুজুক-ই-বাবৰী- বাবৰ ঘটনাৱলী। আকবৰৰ অনুৰোধত হুমায়ূন কন্যা গুলবদনে লিখিছিল-
হুমায়ূন নামা। আকবৰে শৈশৱত জ্ঞানানুশীলন কৰাৰ সুযোগ পোৱা নাছিল, কিন্তু
বৃদ্ধাৱস্থাত তেওঁৰ ৰাজসভাত নৱৰত্ন প্ৰতিষ্ঠা কৰি সেই অভাৱ পূৰণ কৰিছিল। জাহাংগীৰৰ
দ্বাৰা ৰচিত তুজুক-ই-জাহাংগীৰ অপুর্ব আত্মজীৱনী। মোগল যুগত প্রত্যেক ৰাজসভাত ৰাজ-লেখক
বা ওয়াকিয়া-নবিশ উপস্থিত থাকিছিল। তেওঁ বাদচাহৰ মুখৰপৰা নিঃসৃত ক্ষুদ্রতম কথাও
লিপিৱদ্ধ কৰি ৰাখিছিল। তেওঁলোকৰ লেখাৰপৰা মোগল যুগৰ বহু অদ্ভুত ঘটনাৰ সম্ভেদ পোৱা
যায়। মোগল যুগত ১৫২৬ খ্ৰীষ্টাব্দৰপৰা ১৭১২ খ্ৰীষ্টব্দলৈ এই ১৮৬ বছৰত ২২০০ জন
সন্তান জন্ম গ্রহণ কৰিছিল। চাহজাহানৰ জ্যেষ্ঠপুত্ৰ দাৰা চিকো ৰচিত সৰ-ই অচৰাৰ-
উপনিষদৰ সাৰ সংগ্ৰহ অপূৰ্ব ৰচনা। তেওঁ হিন্দু মুছলমানৰ সম্প্ৰতিৰ কাৰণে চেষ্টা
কৰিছিল। কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত জাহানাৰাই নিজৰ আত্মজীৱনী লিখিছিল। সেই
কাহিনীত আছিল ভ্ৰাতৃ বিৰোধৰ লোমহর্ষক এক কৰুণ ইতিহাস।
জাহানাৰা
চিকুমাৰী। সম্রাট আকবৰৰ বিধান আছিল, মোগল ৰাজকুমাৰীৰ বিবাহ নহ'ব।
ৰাজপৰিবাৰৰ সন্তান সংখ্যা হ্ৰাস কৰি সিংহাসনৰ কাৰণে আত্মীয় বিৰোধৰ সীমা সংকীৰ্ণ
কৰাই ইয়াৰ উদ্দেশ্য আছিল। কিন্তু ভোগ ঐশ্বৰ্যৰ মাজত প্রতিপালিত স্বাস্থ্য
সৌন্দর্যত অতুলনীয় মোগল ৰাজকুমাৰীসকলৰ ভোগলিপ্সাক প্রতিহত কৰা সম্ভৱ হোৱা নাছিল।
সেয়ে অবিবাহিতা ৰাজকুমাৰীসকলৰ ব্যক্তিগত বিৰাগক কেন্দ্ৰ কৰি মোগল সাম্ৰাজ্যত বহু
বিভ্ৰাট সৃষ্টি হৈছিল। জাহানাৰাৰ অন্যতম প্ৰেমপ্ৰাৰ্থী আছিল বলখৰ আমীৰ নজবৎ খাঁ। চাহজাদা দাৰাই
নজবৎ খাঁৰ লগত জাহানাৰাক বিয়া দি সাম্রাজ্যৰ ভিত্তি সুদৃঢ় কৰাৰ কাৰণে যত্নপৰ
হৈছিল; কিন্তু জাহানাৰাই বুন্দেলা ৰাজ্যৰ ছত্ৰশালক ভাল পাইছিল। বুন্দেলা ৰাজ
পৰিবাৰ কে'বা পুৰুষ ধৰি মোগলৰ অন্যতম প্রীতিভাজন আৰু সন্মানিত সামন্ত পদত অভিষিক্ত
আছিল। ছত্রশাল স্বয়ং বীৰ, সাহসী, আত্মবিশ্বাসী ও
ভাবপ্রৱণ আছিল। জাহানাৰাৰ জীৱনৰ বহু কাহিনী ছত্রশালক কেন্দ্র কৰি গঢ় লৈ উঠিছে।
সমসাময়িক মোগল আমোলত ৰাজপুতৰ লগত মোগলৰ বিবাহ অসম্ভৱ নাছিল। ছত্রশাল আৰু জাহানাৰাৰ
কাহিনী মোগল ৰাজদৰবাৰৰ বহুতেই অৱগত আছিল।
হিন্দু ধর্ম ও
হিন্দু শাস্ত্ৰ সম্বন্ধে জাহানাৰাৰ অগাধ জ্ঞান আছিল। মোগল ৰাজ অন্তেষপুৰত শত বছৰ
ব্যাপী ৰাজপুত নাৰীৰ অৱস্থানৰ ফলত মোগল ৰাজ অন্তেষপুৰত হিন্দুভাবধাৰা প্ৰৱেশ কৰিছিল।
আকবৰৰ মহিষী বিহাৰীমলৰ কন্যা যোধাবাঈ, জাহাংগীৰৰ মহিষী মানসিংহৰ ভগ্নী মানবাঈ,
ছাহজাহানৰ মাতৃ আছিল মোতিৰাজ জয়সিংহৰ কন্যা জগৎ গোসাঁনী। জাহানাৰাৰ
মাতৃ আছিল পাৰস্য দেশীয় মমতাজ বেগম- মমতাজ নুৰজাহানৰ
ভ্রাতুষ্পুত্ৰী। সেয়ে জাহানাৰাৰ তেজত মোগল, তুর্কী, পাৰস্য আৰু ৰাজপুত তেজৰ অপূৰ্ব সংমিশ্ৰণ হৈছিল। এই সংমিশ্রণে জাহানাৰাৰ চৰিত্ৰত
সমস্যা সৃষ্টি কৰিছিল আৰু বহু প্ৰশ্নৰ মীমাংসাও কৰিছিল।
ভ্রাতৃসকলৰ
যুদ্ধত জাহানাৰাই গুৰুত্বপূর্ণ অংশ গ্ৰহণ কৰিছিল। ঔৰঙ্গজেৱে জাহানাৰাক যুদ্ধৰ আগত
আৰু পাছত তেওঁৰ পক্ষ সমর্থন কৰিবলৈ বহুবাৰ অনুৰোধ জনাইছিল। কিন্তু তেওঁ সেই
প্রস্তাৱত সঁহাৰি জনোৱা নাছিল। কাৰণ জাহানাৰা আছিল তেওঁৰ পিতাৰ নিঃসংগ বন্দী জীৱনৰ
একমাত্ৰ সংগীনি- ভ্রাতা
আৰু ভ্রাতুষ্পুত্ৰসকলৰ নৃশংস হত্যাৰ নীৰৱ সাক্ষী।
আগ্ৰাৰ দুৰ্গত
বন্দী পিতাৰ ওচৰলৈ ঔৰঙ্গজেৱে দাৰাৰ ছিন্নমুণ্ড প্ৰেৰণ কৰিছিল। কাৰণ ঔৰঙ্গজেৱে দাৰাৰ মৃত্যু সম্পৰ্কে চাহজাহানক নিঃসন্দেহ কৰিব বিচাৰিছিল। কি সেই মর্মান্তিক
দৃশ্য। পিতা বন্দী, তেওঁৰ সন্মুখত প্রিয়পুত্ৰৰ ছিন্নমুণ্ড। দাৰাৰ
ছিন্নমুণ্ড প্রত্যক্ষ কৰি জাহানাৰা শিয়ৰি উঠিছিল। সেই মর্মান্তিক দৃশ্যত মর্মাহত
হৈয়ে তেওঁ নিজৰ কাহিনী নিজৰ ওচৰত ক'বলৈ আৰম্ভ কৰিছিল। এয়াই হ'ল জাহানাৰাৰ
আত্মজীৱনীৰ ইতিহাস।
পিতাৰ মৃত্যুৰ
পাছত জাহানাৰা ১৪ বছৰ আগ্ৰা দুৰ্গত বন্দীনি জীৱন যাপন কৰিছিল। বিভিন্ন সময়ত
বিভিন্ন দিনত পুৰণি স্মৃতিৰ অংশবোৰ সংযোজন কৰি তেওঁ আত্মজীৱনী লিখিছিল। জীৱনৰ শেষ
প্ৰান্তত উপনীত হৈ তেওঁ জীৱনৰ অসাৰতা উপলব্ধি কৰিছিল আৰু ঔৰঙ্গজেৱক ক্ষমা কৰি
দিছিল। সেয়ে তেওঁ আত্মজীৱনীৰ কিছু অংশ নষ্ট কৰি পেলাইছিল। পাছত অৱশ্যে তেওঁ মত
পৰিৱৰ্ত্তন কৰি বিভিন্ন অংশ একলগ কৰি পাণ্ডুলিপিটো জেচমিন প্রাসাদৰ শিলৰ তলত
সংৰক্ষণ কৰি ৰাখিছিল।
বহুকালৰ ব্যৱধানত
দুশ বছৰ পাছত ১৮৮৬ চনত আনদ্ৰিয়া বুটেশ্বনে সেই অসংলগ্ন খণ্ডিত অংশবোৰ আৱিষ্কাৰ
কৰে। জাহানাৰাৰ আত্মজীৱনী কাশ্মীৰী ভাষাৰপৰা পাৰস্য ভাষাত প্ৰকাশ কৰা হৈছে। কলিকতা
বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ মাখনলাল ৰায়চৌধুৰীয়ে আত্মকাহিনীটো পাৰ্চী ভাষাৰপৰা
বাংলা ভাষালৈ অনুবাদ কৰিছে। অসমীয়া পাঠকক জাহানাৰাৰ আত্মকাহিনীৰ সোৱাদ দিবলৈ
বাংলা ভাষাৰপৰা অসমীয়া ভাষালৈ অনুবাদ কৰা হ'ল। মূল ভাষাৰ
প্রয়োগ আৰু বাক্যগাঁথনি একেদৰে ৰখাৰ কাৰণে প্ৰয়াস কৰা হৈছে। এই ক্ষেত্ৰত মই
কিমানদূৰ সফল হৈছোঁ সেই বিচাৰৰ ভাৰ পাঠকৰ ওপৰত ন্যস্ত কৰা হ'ল। লেখাসমূহ
পেজমেকাৰৰ পৰা টেক্সটলৈ ৰূপান্তৰ কৰাৰ কাৰণে বহু ঠাইত ভালদৰে ৰূপান্তৰ নোহোৱাত
কিছু কিছু শব্দ দুৰ্বোধ্য হৈ থাকিব পাৰে। সেইবোৰ
পৰ্যায়ক্ৰমে শুদ্ধ কৰাৰ কাৰণে প্ৰয়াস কৰা হ’ব। ইতি
অনুবাদ-আবুল হুছেইন
সাং-যতিগাঁও,
বৰপেটা(অসম)
মোবাইল নম্বৰ-৯৮৫৪৩-৪৩৭৫৩
জাহানাৰাৰ আত্মকাহিনী
প্রথম স্তবক
হে মৃত্যু! তুমি
মানুহৰ ৰূপ পৰিগ্ৰহ কৰি মোৰ সন্মুখত দণ্ডায়মান হৈ আছা, মোৰ ফালে চাই
তোমাৰ প্ৰাণহীন আঁখিৰে ভ্ৰকূটি কৰিছা। তোমাৰ শীতল নিশ্বাসে মোৰ মুখমণ্ডলক শীতলতৰ
কৰি তুলিছে, লগে লগে মোৰ শেষ আশা নিঃশেষ হৈ আহিছে। সৌৱা
দাৰাৰ ছিন্নশিৰ মাটিত পৰি আছে। পুত্ৰৰ ছিন্নশিৰ পিতৃ ছাহজাহানৰ ওচৰলৈ পঠোৱা হৈছে।
তাৰ পাছত সেই ছিন্নশিৰ কাৰাগাৰত মোৰ ওচৰলৈকো অনা হৈছে। দুর্ভাগ্য তোমাৰ
হিন্দুস্থান! বাঁহীৰ সুৰত, কৰতাল ধ্বনিৰ শব্দত এটা সময়ত সমগ্ৰ
পৃথিৱীত তোমাৰ নাম ধ্বনিত হৈছিল। যি ৰক্তস্রোতে তোমাৰ পবিত্ৰ ভূমি পৰিধৌত কৰিছিল,
সেই ৰক্তস্রোতেই আজি তোমাক দ্বিখণ্ডিত কৰিছে, তোমাক শক্তিশালী
ৰাষ্ট্ৰত পৰিণত কৰিবপৰা নাই। কিয় পৰা নাই কোৱাচোন? মোৰ সুকোমল
কেশৰাশি মই ছিন্ন কৰি পেলাইছো। মোৰ কণ্ঠৰ মণিমালাও ছিন্ন কৰি পেলালো। কিন্তু ক'তা?
তাৰ উত্তৰতো মই নাপালো ?
মোৰ চকুৰ আগত
অন্ধকাৰ নামি আহিছে। মই মোৰ হৃদয়ক প্ৰশ্ন কৰিছো,- মই অতীতৰ ফালে উভতি চাই
দেখিছোঁ। মই কোনো উত্তৰ পোৱা নাই।
মই প্ৰত্যক্ষ
কৰিছোঁ, এটাৰ পাছত এটা সৈন্যৰ স্ৰোত ঝঞ্জাৰ বুকুৰ উৰ্মিমালাৰ দৰে ভাৰতৰ
প্ৰান্তৰ পৰ্বত উটুৱাই লৈ গৈ আছে। সেই ঝঞ্জাই সমগ্ৰ দেশক ক্ষত-বিক্ষত কৰি তুলিছে।
যুগ যুগ ধৰি সঞ্চিত দেশৰ ধন-ৰত্ন উটুৱাই লৈ গৈছে।
তাৰ পাছত এদিন
শান্তি আহিছিল। ভাৰতৰ পুণ্যভূমিত দেৱতাৰ আৱাসৰ দৰে প্রাসাদ গঢ়ি উঠিছিল। তাৰ পাছত
আকৌ ধুমুহা আহিছে— লগে লগে আকৌ সৈন্যৰ অবিশ্রান্ত পদ-ধ্বনি শুনা
গৈছে আৰু অবিৰাম ৰক্তস্রোত বৈ গৈছে।
আগ্রা-দুৰ্গৰ
শিলা প্রাঙ্গণ পৰিধৌত কৰি যমুনা বৈ বৈছে; সেই জলস্রোত তেজৰ স্ৰোতত পৰিণত হ'ল।
যুগ যুগ ধৰি সঞ্চিত তেজৰ স্ৰোত সাগৰৰ ফালে বৈ গৈ আছে— জলৰাশি তেজেৰে
ৰঞ্জিত হৈ উঠিছে। ৰক্তৰাগৰঞ্জিত উৰ্মিমালা উৰ্দ্ধ আকাশত তৰাৰ বিৰুদ্ধে আস্ফালন
কৰিছে। নীলা মেঘৰাশি মোৰ মূৰৰ ওপৰেদি ভাহি ফুৰিছে। সেই নীলা মেঘৰাশিয়ে বসুন্ধৰা
আৰু জলধাৰাৰ সমস্ত লাৱণ্য শুহি লৈছে। বৰ্ষণমুখৰ মেঘৰাশিয়ে তেজ বৰ্ষণ কৰিছে।
এতিয়ালৈকে এবছৰ
অতীত হোৱা নাই – আমি আগ্ৰাৰ দুৰ্গত বন্দী হৈ আছো। যুৱৰাজ দাৰা
সিদিনা ঔৰঙ্গজেৱৰ বিৰুদ্ধে যুদ্ধৰ বাবে অগ্ৰসৰ হৈছিল। মই আজিও দেখিবলৈ পাইছো—
সুবৰ্ণমণ্ডিত সৰীসৃপৰ দৰে এক বিৰাট সৈন্য বাহিনী ভাৰতৰ এক প্ৰান্তৰ
পৰা অন্য প্রান্ত অতিক্ৰম কৰি দিগন্ত ৰেখাৰ ফালে ধাৱিত হৈছে। ৰাজপুত্ৰৰ উজ্জ্বল
বৰ্শা বাহিনীৰ দ্বাৰা পৰিৱেষ্টিত হৈ যুৱৰাজ দাৰা তেওঁৰ প্ৰিয় হাতী ফতেজঙ্গৰ১ ওপৰত সমাসীন— সিদিনা আলোকস্তম্ভৰ দৰে যুৱৰাজ দাৰা
শুকো সকলো মানুহৰ দৃষ্টিগোচৰ হৈ আছিল।
উঃ! যুৱৰাজ
দাৰাৰ পৰাজয়ৰ দুঃসংবাদ আগ্রা দুর্গত প্ৰচাৰিত হ'ল, মই
আকুল হৈ কান্দিলো। মোৰ সেই কান্দোন আজিও শেষ হোৱা নাই। আমাৰ ভ্ৰাতাৰ কি ভীষণ
দুৰ্ভাগ্য! মই তেওঁৰ নাম পর্যন্ত উচ্চাৰণ কৰিবপৰা নাই। যুৱৰাজ দাৰা! তোমাৰ প্ৰাণত
অপূৰ্ব মহিমা আছিল। তোমাৰ অন্তৰত সম্রাট আকবৰৰ মিলনৰ সুৰ ধ্বনিত হৈছিল। এজন ভগবান
যিদৰে জগতৰ বিধাতা, তেনেকৈ একে আইন সমগ্ৰ বিশ্বৰ নিয়ন্তা। যুৱৰাজ
দাৰা! তোমাৰ আছিল দুৰ্বলতা, তোমাৰ আছিল অহংকাৰ। অহংকাৰেই তোমাৰ পতন
ৰচনা কৰিলে। তোমাৰ বিৰুদ্ধে দলৰ আছিল দলৰ শক্তি, ঔৰঙ্গজেৱৰ আছিল কৌশল।
তোমাক মই ঘৃণা
কৰো, হে খলৰাজ ঔৰঙ্গজেৱ। তোমাক মই ভীষণ ঘৃণা কৰো। তোমাৰ প্ৰতিভা যিদৰে তীব্ৰ,
তোমাৰ হৃদয়ো সেইদৰে কঠিন। তোমাৰ একমাত্ৰ চিন্তা— তুমি
ভাৰতৰ একচ্ছত্ৰী সম্রাট হ'বা, তুমি মানুহৰ
দেহ-মন দুয়োটাৰে অধীশ্বৰ হ'বা। তোমাৰ চকুত ভাহিছে অপূৰ্ব সস্মিত
হাঁহি, আৰু তোমাৰ পদতলত দলিত হৈছে— তোমাৰ বিৰুদ্ধাচাৰী শত্রুদল। মনত পৰেনে
তোমাৰ, শৈশৱৰ সেই পৰিব্ৰাজকৰ ভৱিষ্যত বাণীৰ২
কথা?
আকৌ শুনিছো—
অশ্ব-হাতীৰ পদধ্বনি, কিন্তু এইবাৰ সৈন্যদল অতি ক্ষুদ্র।
সিহঁতে দিল্লীৰ বাটত প্ৰত্যাৱৰ্ত্তন কৰিছে— দাৰা প্ৰতাৰিত,
পৰাজিত, বিপর্যস্ত। উন্মুক্ত তৰোৱালেৰে যুদ্ধক্ষেত্ৰত
সৈন্যসকলে দাৰাক পৰাজিত কৰা নাই, শত্ৰুৰ অস্ত্ৰ আছিল সুচতুৰ কৌশল।
যিগৰাকী যুৱৰাজ দাৰা এবছৰ আগতো পিতাৰ কাষত স্বর্ণ সিংহাসন অলংকৃত কৰিছিল, তেওঁ
আজি দিল্লীৰ ৰাজপথত আভৰণহীন অনাবৃত ৰুগ্ন হাতীৰ পিঠিত উপৱিষ্ট— নিৰাভৰণ
দাৰা, ছিন্নবস্ত্ৰ পৰিহিত দাৰা “ দাসাৎঅপি দীনতম” শৃংখলাৱদ্ধ দাৰা। এই দৃশ্য
প্রত্যক্ষ কৰি প্ৰজাসকল বিচলিত, নগৰবাসীসকলে ঔৰঙ্গজেৱক অন্তৰৰ পৰা
অভিশাপ দিছে, অন্তঃপুৰবাসী মহিলাসকল অৱগুণ্ঠনৰ অন্তৰালত
অশ্ৰুসিক্ত; কিন্তু কাৰো স্পষ্টভাবে প্ৰতিবাদ কৰাৰ সাহস
নাই।”
মই আগ্রা দুৰ্গৰ
এটি বিস্তীর্ণ কোঠালিত মৃদু আলোক শিখাৰ কাষত বহি কম্পিত হাতত মোৰ এই আত্মকাহিনী লিখি
আছোঁ, কিন্তু মোৰ অন্তৰৰ গোপন কথা মই গোপনেই ৰাখিছোঁ। যদি এয়া নকৰোঁ, তেনেহ'লে
মই কেনেকৈ জীৱন ধাৰণ কৰিম? মই
যে নাৰী! কিন্তু ইয়াত এই নির্জন নিশা মই মোৰ দুঃখৰ সংগীত বিস্মৃতিক দি যাম। মই
বিস্মৃতিৰ ওচৰত মোৰ জীৱনৰ দুঃখ গাঁথা গচ্ছিত ৰাখি যাম।
দাৰা মোৰ প্ৰিয়
সহোদৰ আছিল, মই তেওঁৰ অনুৰুক্তা ভগ্নী আছিলো।আমাৰ
পূৰ্বপুৰুষ সম্রাট আকবৰৰ সপোন বাস্তৱায়িত কৰি তোলাৰ অভিপ্ৰায় আছিল দাৰাৰ। শাশ্বত হৈ থাকক
সেই শাশ্বত পুৰুষৰ শাশ্বত প্ৰয়াস। অন্ধকাৰ গহ্বৰত সুপ্ত ভাৰতৰ ধন-ৰত্নই
আকবৰক প্রলুব্ধ কৰিবপৰা নাছিল। অযুত যুগ ব্যাপী মানুহে যি চিন্তা কৰিছিল, যি
সত্য উপলব্ধি কৰিছিল, সম্রাট আকবৰ সেই হেৰুৱা ধন উদ্ধাৰৰ প্ৰয়াস
কৰিছিল। সম্রাটে সপোন দেখিছিল— ভাৰত তাৰ আপোন আত্মাৰ সন্ধানত উভতি যাব,
ভাৰত তাৰ আত্মাৰ সৌন্দৰ্য গৌৰৱত সম্ৰাজ্ঞী হৈ উঠিব- যি সৌন্দর্যই
এদিন ভাৰতক ভগবানৰ সান্নিধ্যলৈ লৈ গৈছিল।
যমুনাৰ
সিপ্ৰান্তত ফুটি উঠিছে তাজমহল- পূৰ্ণিমাৰ পূৰ্ণ আলোকত তাজ হীৰকখণ্ডৰ দৰে উদ্ভাসিত
হৈ উঠিছে— তাজমহল মৃত্যু-পৰীৰ পাখিৰ দৰে শুভ্ৰ সমুজ্জ্বল হৈ উঠিছে। সমাধি
পৰিবৃতা মাতা তাজবিবিৰ কাণে কাণে মৃত্যুগুঞ্জনত কোৰাণৰ পুণ্যবাণী৩ ধ্বনিত
হৈছিল। আজি আৰু তাজবিবিৰ কাণত প্ৰৱেশ নকৰে সেই সংগীত। মাতাৰ সমাধিৰ কাষত দাৰাৰ ৰক্তাপ্লুত ছিন্নমুণ্ড
প্রোথিত। আজি মাতাৰ অস্থিখণ্ডত শীতৰ কম্পন লাগিছে নেকি বাৰু! আজি তেওঁ
চিৰনিদ্ৰাৰ মাজত ভাবিছে— মোৰ পুত্ৰৰ ছিন্নমুণ্ড যিদিনা স্কন্ধচ্যুত
হৈছিল, সিদিনাই পৃথিবীত এক বিৰাট আদর্শ ভূলুণ্ঠিত হৈ পৰিছিল।
সৌৱা চোৱা,
তাজমহলৰ সিপ্ৰান্তত সূর্যোদয় হৈছে— তাজ এতিয়া
শুভ্ৰ হীৰক খণ্ড নহয়, এক বিৰাট তেজবিন্দু মাথোন।
ঔৰঙ্গজেৱ! তোমাক
অভিসম্পাত কৰোঁ, ভাগ্যহীন দাৰাক তুমি পদদলিত কৰিছা, তুমি
দাৰাক নিৰীশ্বৰবাদী অপবাদ দি হত্যা কৰিছা৪।
ঔৰঙ্গাজেৱ! তুমি
কনিষ্ঠ ভ্রাতা মুৰাদ আৰু ভ্রাতুষ্পুত্ৰসকলক গোয়ালিয়ৰ দুৰ্গত আফিং বিষ প্রয়োগ
কৰি হত্যা কৰিছা৫- মোক সেই বিষ নিদিলা কিয়? তেনেহ'লে
মোৰ অনুভূতিও লুপ্ত হৈ গ'লহেঁতেন, মোৰ চিন্তাই
নৈৰাশ্যৰ গভীৰতা উপলব্ধি কৰিব নোৱাৰিলেহেঁতেন, মই যন্ত্ৰণাৰ
পৰা মুক্তি পালোহেঁতেন।
ঔৰঙ্গজেব, আজিৰ
এই নিশাও মই জীয়াই আছোঁ- মই চিন্তা কৰিব পাৰিছোঁ। মই নীৰৱে এন্ধাৰৰ মাজেদি তোমাক মোৰ বাৰ্ত্তা
প্ৰেৰণ কৰিছোঁ, মোৰ বাৰ্ত্তা মৃত্যুৰ ৰাজ্য অতিক্ৰম
কৰি তোমাৰ ওচৰলৈ যাবহি। আজি নিশা এক গুপুত শক্তিয়ে মোৰ ইন্দ্ৰিয় আচ্ছন্ন কৰি
ৰাখিছে.....
ঘন ক'লা
ছাঁবোৰ মাটিৰ ওপৰেদি ভাহি ফুৰিছে, তুমি হয়তো সেয়া দেখা নাই। মই কিন্তু
দেখি আছো, সৌৱা ক'লা ছায়ামূৰ্ত্তি— কুঁজা পিঠি ন্যূব্জ
দেহ- হঠাৎ সেই ছায়ামূৰ্ত্তিবোৰ একেলগে আকাশলৈ উঠি গৈছে, সৌৱা সেই মূৰ্ত্তিবোৰ মেঘলৈ ৰূপান্তৰ হৈছে,
তাৰ পাছত ধুমুহা আহিছে, সৌৱা চোৱা, বিদ্যুৎ চমকিছে,
অগ্নিৰ লেলিহান শিখা উঠিছে, সমগ্র সাম্রাজ্য ধ্বংস হৈ যাব। কুঁজা
পিঠিৰ পৰা তোমাৰ শৃংখল খহি পৰিব। প্ৰচণ্ড ধ্বংসৰ মাজেদি তোমাৰ স্বপ্ন— তৈমূৰ
বংশৰ ছত্ৰাধীনত অখণ্ড ভাৰতৰ স্বপ্ন বিলীন হৈ যাব।
ঔৰঙ্গাজেৱ! মই ভৱিষ্যত
বাণী কৰিছো– হে শক্তিমান,
তুমি ভগবানক ভয় কৰা, তেওঁক ভয় নকৰিলে অৱশ্যে মানুহে তোমাক
ভয় কৰিব, কিন্তু তোমাক ভাল নাপাব; সম্রাট আকবৰে যেতিয়া এটুকুৰা
তাম্রমুদ্রা দান কৰিছিল, সেই মুদ্ৰা সোণত পৰিণত হৈছিল। কিন্তু তুমি যি
দান কৰিবা সেয়া কাঁইটত পৰিণত হ'ব। সম্রাট আকবৰে মিলনৰ প্ৰয়াস কৰিছিল—আৰু
তুমি ধ্বংসৰ অভিযান আৰম্ভ কৰিছা। মই তোমাক অভিশাপ দিছো— ঔৰঙ্গজেব! তুমি
তোমাৰ পিতাৰ প্ৰতি যি ব্যৱহাৰ কৰিছা, সেয়া তুমি সমগ্ৰ জীৱনতো পাহৰিব
নোৱাৰিবা; তুমি যি বাটত বাট বুলিবা, সেই বাটত ওৰেটো জীৱন ব্যাপী তোমাৰ ছাঁই
তোমাক অতিক্ৰম কৰি যাব— তোমাক বিপথে পৰিচালিত কৰিব। পবিত্ৰ কোৰাণৰ কোনো
বাণীয়েও তোমাক তোমাৰ সেই ছাঁৰ আতংকৰ পৰা মুক্তি দিব নোৱাৰিব।
হিন্দুস্থান আজি
বিজেতাৰ ক্রীতদাসী। কেতিয়াবা লোভত, কেতিয়াবা আকৌ ঘৃণাত হিন্দুস্থান
লুণ্ঠিত হৈছে। যদি কোনো বিৰাটৰ প্ৰেৰণালৈ ভাৰতৰ শাসন যন্ত্ৰ পৰিচালনা কৰা হ'লহেঁতেন,
তেনেহ'লে ভাৰতবৰ্ষ সন্তানৰ জননী হ'ব
পাৰিলেহেঁতেন। আজিও অৱশ্যে দিল্লীৰ প্রাসাদত ময়ূৰ সিংহাসন নিজৰ মহিমাত শোভা পাইছে,
কিন্তু সিংহাসনৰ মণিমাণিক্যই দূৰৰপৰা বিপদ আহ্বান কৰিছে- যিদৰে
চুম্বকে লোক আকৰ্ষণ কৰে।
দূৰৰপৰা এক শীতল
প্রভঞ্জন বৈ আহি আছে। মই বিচলিত হৈ উঠিছোঁ, কাৰণ সেয়া হ'ল
ঝঞ্জাৰ ইংগিত— তেজ সমুদ্ৰৰ দূত। শক্তিশালী সম্ৰাটৰ পদতলত ৰাজ্যৰ বিধান লুণ্ঠিত
হয়, তেজ-চিহ্নই সেই পদচিহ্ন মচি লৈ যায়। নিশা সমগ্র দিল্লী ব্যাপী এক
ক্রন্দন-ৰোল শুনিবলৈ পাইছোঁ— যেনেকৈ আৰু এবাৰ তৈমূৰৰ দিল্লী অভিযানৰ
দিনা শুনা গৈছিল। আৰু এবাৰ উঠিছে পাণিপথ প্ৰবল ধুমুহা।
মৃত মানুহবোৰেই
একমাত্ৰ শান্তিৰ অধিকাৰী — নাই নাই, সিহঁতো নহয়।
ধন-ৰত্নৰ লোভত মৃতৰ সমাধি অপমানিত হোৱা নাইনে বাৰু? মই কিন্তু
মূল্যবান প্রস্তৰ অথবা মৰ্মৰ বেদীৰ তলত সমাধিস্থ হ'ব নিবিচাৰো,
তৃণই হ'ব মোৰ সমাধিৰ একমাত্ৰ আৱৰণ। যদি কেতিয়াবা
চৰণাঘাতত দলিত হয়, তথাপিও পুনৰ নতুনকৈ গজি উঠিব। ভগবান পদদলিতক
কোলাত তুলি লয়।
দ্বিতীয় স্তৱক
(আত্মকাহিনীৰ
চিঙা পাতৰ পূৰ্ণ পাঠোদ্ধাৰ সম্ভৱ হোৱা নাই, প্রথম আৰু
দ্বিতীয় স্তৱকৰ মাজত বহুদিনৰ কাহিনী অবলুপ্ত)
✡ ✡ ✡ ✡ ✡ ✡
সূর্য অস্তগামী,
বতাহ মৃদগতি, মলমলীয়া পুষ্প সুবাসত ধৰণী আমোদিত হৈ
আছে, আগ্ৰাপ্রাসাদৰ আঙুৰ বাগানৰ৬ প্ৰতিটো ফুলৰ লগত মোৰ অতীত স্মৃতি
জড়িত হৈ আছে।
ৰঙা কৰবীৰ ৰঙাস্তৱকলৈ চাই ধাৰণা হৈছে
যেন ভোজনালয়ৰ বাটত ৰঙা আলোক শিখা জ্বলি আছে। মোৰ ভ্ৰাতাসকলৰ বিবাহ উৎসৱত মই বহু
নিশা এই ৰঙা কৰবীৰে বাসৰ ঘৰৰ কাৰণে মালা গাঁথিছো। মৃদু মৃদু বতাহত নীলাভ আকাশ
আন্দোলিত হৈছে— কৰবীৰ মিঠা সুবাসৰ লগত এক দুখৰ নিশ্বাস বৈ
আহিছে, মই অতীত স্মৃতিৰ লগত সাঙোৰ খাই আছো।
দেওয়ান-ই-আমৰ৭
সংগীত নিস্তব্ধ, কিন্তু সন্ধিয়াৰ আকাশত এক ধৰণৰ কৰুণ সুৰ ভাহি
ফুৰিছে। ধাৰণা হৈছে যেন ৰঙা গোলাপৰ সুবাসৰ লগত দুলেৰাৰ৮ সংগীত মিহলি হৈ গৈছে। সংগীতৰ সেই ছন্দৰ শিহৰণ এই দুৰ্গ প্ৰাচীৰ ভেদ
কৰি মোৰ কামনাৰ ৰাজ্যত আহি প্ৰৱেশ কৰিছে। মই দুলেৰাৰ নাম দিছো ৰজা। কল্পিত
দুলেৰাৰ বাহুবন্ধনৰ উত্তেজনাক মই আনন্দ মুহূর্ত বুলি কল্পনা কৰিছিলো। আজি আকৌ
তেওঁৰ সেই সংগীতে যেন মোক পুনৰ সেই ৰাজ্যলৈ লৈ গৈছে—মোৰ চৰণ
কেতিয়াও সেই ৰাজ্যৰ ভূমি স্পৰ্শ কৰা নাই। আজি তেওঁৰ ৰূপ মোৰ স্মৃতিপটত অস্পষ্ট হৈ
আহিছে। তথাপিও মই তেওঁৰ সংগীতৰ প্ৰতিধ্বনি শুনিবলৈ পাইছো......
মই মৌমাখিৰ দৰে
দিল্লী-প্রাসাদৰ শালিমাৰ বাগত উৰি ফুৰিছোঁ। প্ৰতিটো মুহূৰ্ত্ত পুষ্পপত্ৰত উত্তেজনা বিচাৰি ফুৰিছোঁ। প্ৰতিটো মুহূৰ্তে
যেন সেই উত্তেজনাৰ লগত মৃত্যুৰ অন্বেষণত নিশীথিনীৰ অন্ধকাৰ আগুৱাই আহিছে।
মণিমাণিকোজ্জ্বল মৌৰাণী পাখিত স্বৰ্ণ ৰেণু সানি নৃত্য কৰি কৰি সূৰ্যৰ ফালে আগুৱাই
গৈছে; চিৰন্তন আলোকৰ স্পৰ্শত তাই নৱজীৱন লাভ কৰিব, তাই নমৰিব কাৰণ
আকাশত তৰাৰ মালা জ্বলিছে।
মই ভয়ত ৰোমাঞ্চিত
হৈ উঠিছোঁ, কল্পনালোকত প্ৰৱেশ কৰাৰ আগতেই যদি মোৰ ৰূপ
ম্লান পৰি যায়, তেনেহ'লেতো মই আৰু সেই বেগম জাহানাৰা হৈ
নাথাকিম। মোৰ প্ৰিয়তমৰ হৃদয়-বাণী হৈ জীৱনৰ শেষ মুহূৰ্ত্ত শেষ কৰিব নোৱাৰিম।
ভাগ্যদেৱীৰ পানপাত্ৰ মই আকণ্ঠ পান কৰিছোঁ, তথাপিও মই আজিও তৃষ্ণাতুৰা।
সৌৱা অস্তগামী
সূৰ্যৰ ৰঙা ৰশ্মিয়ে জীৰ্ণ পত্ৰৰ মূৰত সোণৰ মুকুট পিন্ধাই দিছে। সেইদৰে মোৰ প্ৰিয়
ৰজাৰ মূৰত মই স্মৃতিৰ মুকুট পিন্ধাই দিছোঁ।
আজিও সেই স্মৃতি
অম্লান। যিদিনা মোৰ প্ৰিয়তম দেওয়ান-ই-আমৰ দৰবাৰ কক্ষত প্ৰথমদিনা প্ৰৱেশ কৰি বাদচাহ
ছাহজাহানক অভিবাদন কৰিছিল, সিদিনা
মই তৰুণী আছিলো। অশ্বাৰোহীৰ দল চকুৰ দৃষ্টি অতিক্ৰম কৰি গুচি গ'ল। বাঁহীৰ সুৰ, কৰতালৰ ধ্বনি শান্ত— চাৰিওফালে গভীৰ
নীৰৱতা, মই প্রাসাদৰ ঝৰোখাৰ৯ কাষত থিয় হৈ
আছোঁ। সৌৱা মোৰ ৰজা
ধীৰ পদক্ষেপত সিংহাসনৰ ফালে অগ্ৰসৰ হৈছে। মোৰ ধাৰণা হৈছে, যেন মোৰ দেহৰ সমস্ত তেজ প্রবাহ স্তব্ধ
হৈ আহিছে। এয়া নিষাদ ৰাজ নল১০ নেকি? ৰজা
নল পুনৰ ধৰাত অৱতীৰ্ণ হৈছে নেকি ?
তেওঁৰ চকুত ভাহিছে অপৰূপ জ্যোতি— বহু দূৰত দৃষ্ট সপোনৰ আৱেশৰ দৰে ধাৰণা হৈছে। তেওঁৰ অৱয়বত ৰৈ আছে
তেওঁৰ ক্ষত্ৰিয়োচিত শৌর্য ও মর্যদাৰ পৰিচয়— ক্ষত্ৰিয় বংশই ভাৰতবৰ্ষ শাসন কৰাৰ কাৰণে অৱশ্যে উপযুক্ত। যি
মুহূৰ্তত চাৰণ তাৰ বীণাৰ সুৰত ঝংকাৰ তোলে– তেতিয়া ৰাজপুত কৃষ্ণকায় অশ্বক যুদ্ধৰ
কাৰণে আগুৱাই নিয়ে। দময়ন্তী যিদৰে এদিন দেৱতাসকলক ত্যাগ কৰি নলক বৰণ কৰিছিল, ময়ো তেনেকৈ এই ৰাজপুত্ৰৰ উদ্দেশ্যে
মোক নিবেদন কৰিছিলো। এনেকুৱা নতি মই কোনোদিন কাৰো ওচৰত স্বীকাৰ কৰা নাই— ইয়াৰ পাছতো কোনোদিন কৰা নাই। প্রথম
দৰ্শনতে মই তেওঁক মোৰ হৃদয়ৰ পূজা সমৰ্পণ কৰিছিলো৷ প্ৰথম দৰ্শনৰ পৰাই তেওঁ মোৰ
অন্তৰৰ দেৱতা— আজিও
তেওঁ মোৰ দেৱতা হৈয়েই আছে।
প্রজাপতি সূৰ্যৰ
আলোকত নৃত্য কৰিছে— মই
মোৰ শাশ্বতৰ মাজত বিলীন হৈ যাম,
সাৱিত্ৰীৰ দৰে মৃত্যুক মই জয় কৰিম। পৃথিবীৰ সিপাৰত সীমাহীন কামনা
ৰাজ্যৰ মাজেৰে মই মোৰ ৰাজাক অুসৰণ কৰিম- তাত মোৰ কোনো শঙ্কা নাই।
মোৰ ভ্ৰাতা
ঔৰঙ্গজেৱে সংগীত নিষিদ্ধ বুলি ঘোষণা কৰিছে১১। সংগীত শিল্পীসকলে তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ
শৱযাত্ৰাৰ সমাৰোহত সমাধিস্থ কৰিছে,। কিন্তু সম্ৰাটৰ
কোনো অনুশাসনেই মোৰ অন্তৰৰ সংগীতক স্তব্ধ কৰিবপৰা নাই ।
প্ৰাচীৰৰ দৰে
কঠোৰ অদৃষ্ট মোৰ সন্মুখত থিয় হৈ আছে। মোগল ৰাজকুমাৰীৰ বিবাহ নহ'ব- এয়া আছিল সম্রাট আকবৰৰ আদেশ। সাম্ৰাজ্যৰ মংগলৰ কাৰণে সম্রাট
আকবৰে মোগল ৰাজকুমাৰীসকলক উছৰ্গা কৰিছিল।
দূৰত সৌ
প্রাসাদৰ সিপ্ৰান্তৰৰ গিৰি শিখৰত আৰু এটি ক্ষুদ্র প্রাসাদৰ লগত মোৰ পৰিচয় আছে।
সেই প্রাসাদৰ শুভ্ৰ মৰ্মৰ তোৰণ আৰু সুবর্ণখচিত দুৱাৰ সৌ শান্ত জলৰাশিৰ ওপৰত
প্ৰতিফলিত হৈছে। জলধাৰাৰ ভিতৰে বাহিৰে অপাৰ নিস্তব্ধতা। কাৰণ, আজি তাৰ সত্ত্বা বিলীন হৈ গৈছে। কিন্তু
সেই প্রাসাদৰ অভ্যন্তৰত তেওঁক বেষ্টন কৰি মই মোৰ ৰাজসভা ৰচনা কৰিছিলো। সেই ৰাজসভাত
মোগল ৰাজকুমাৰীৰ ভোজন উৎসৱ অৱলোকন কৰি স্বৰ্গৰ দেৱতাসকল ঈর্ষান্বিত হৈ উঠিছিল। সেই
ভোজন কক্ষত সুশীতল মৰ্মৰ শিলৰ ওপৰত নৰ্তকীৰ নুপুৰ গুঞ্জৰণে কম্পন জগাইছিল। ভোজন
অৱসৰত ৰত্নখচিত পাত্ৰত কাবুল, কাশ্মীৰৰ
সুৰাধাৰাই চিন্তাৰ স্ৰোতক স্তব্ধ কৰি দিছিল। নাই নাই, মই মোৰ ভ্ৰাতা দাৰাৰ সপোন সফল কৰি
দিছিলো। হিন্দু-মুছলমানৰ সংস্কৃতি—
দুই ধাৰাৰ মিলন ঘটাইছিলো। মৰমী চুফী, সাধু, সন্ত, যোগীসকলৰ প্ৰেমবাৰি সিঞ্চন কৰি অমূল্য
সুৰাসাৰ১২ তৈয়াৰ কৰি দিছিলো। সেই সুৰা ৰূপ লৈছিল কাব্যৰ ঝংকাৰত ভাষাৰ
মূৰ্চ্ছনাত। মনত পৰে এদিন সম্রাট আকবৰৰ ৰাজসভাত......
সৌৱা
স্রোতস্বিনীৰ বুকুত জলধাৰাৰ স্বল্প কলতান শুনা গৈছে— আঙ্গুৰীবাগৰ কাষেৰে যমুনাৰ স্বচ্ছ জলধাৰা বৈ গৈছে। আজি মোৰ কৰ্ণকুহৰত
সেই শান্ত কৰুণ শব্দ দিল্লীৰ নহবৎখানাৰ ঐক্যতানৰ দৰে মুখৰ হৈ উঠিছে। এই
স্রোতস্বিনীৰ তানত ফিৰোজচাহৰ পৰিখাৰ কাষৰ উদ্যানবাৰীৰ পুৰণি স্মৃতি মোৰ ওচৰলৈ উভতি
আহিছে। সৌৱা কৰতালৰ কলৰোল, বীণাৰ
ঝংকাৰ যমুনাৰ পানীয়েদি ভাহি আহি দিনৰ শেষত মোক শ্মশানৰ চিতাৰ ধুম্ৰশিখা স্মৰণ
কৰাই দিছে। সৌৱা দিল্লীৰ প্রাসাদৰ ঐক্যতান যেন আসন্ন বিপদৰ আশংকাত মানুহৰ আৰ্তনাদৰ
দৰে শুনা গৈছে — মোৰ
অভিশাপৰ ভগ্নদূত হৈ আহিছে।
তেতিয়াও মোৰ
ভ্ৰাতা শুজা বাংলাৰ চুবেদাৰ হোৱা নাছিল, তেতিয়াও সেই ৰাজপুৰীৰ কাষেৰে অসংখ্য নাগিনীৰ অভিযান১৩তেওঁৰ
দৃষ্টি পথত ধৰা দিয়া নাছিল। এদিন এটি ক্ষুদ্র শ্বেত সৰ্প বিৰাট ক'লা ফণীৰ মূৰত বহিছিল১৪। অর্থলোভী গণকে
তেওঁক তেতিয়াও কোৱা নাছিল যে, সেয়া
শুজাৰ ভৱিষ্যত সাম্ৰাজ্য প্ৰাপ্তিৰ ইংগিত আছিল। তেতিয়া ভ্ৰাতৃ বিৰোধৰ শিখা জ্বলি
উঠা নাছিল। মাথোন স্ফূলিঙ্গহে ৰাজপ্রাসাদৰ অভ্যন্তৰত ছিটিকি পৰিছিল। উৎসৱৰ দিনৰ
বিপণীৰ শেষ সূৰ্য ৰশ্মিৰ দৰে তেওঁৰ উৎসৱৰ দিনবোৰ ৰাজপ্রাসাদৰ বিলাস ও উচ্ছৃংখলতাৰ
মাজত পাৰ হৈ আছিল।
মোৰ উদ্যানত বহি
তেওঁৰ কাৰণে মই প্ৰতীক্ষা কৰি আছিলো। মোৰ ৰাখীবন্ধন ভাই১৫ নাহিব নেকি? যেতিয়া সমগ্র ভাৰতবৰ্ষত বৈৰী শক্তি
উদ্দাম হৈ উঠিছে, তেতিয়া
তেওঁ মোৰ কাষত আহি ধিয় নিদিবনে বাৰু? কোনোবা নাৰীয়ে তেওঁক মোতকৈও মুল্যবান ৰাখীবন্ধন উপহাৰ দিছে নেকি
বাৰু? মই মোৰ যুযুধান
ভ্ৰাতাক যি প্ৰীতিৰ বন্ধন বান্ধি দিছোঁ তাৰ মূল্য যে অমূল্য!
আকাশত যেতিয়া
সন্ধ্যাতৰা উঠিছিল তেতিয়া মোৰ প্ৰিয়তম আহিছিল- তেতিয়া সূৰ্যাস্তৰ সলজ্জ আকাশত
ৰক্তিম ৰশ্মি সিঁচৰতি হৈ পৰিছিল। তেওঁৰ আগমনৰ প্ৰতিধ্বনি শুনি মই নতজানু হৈ তেওঁক
অভিবাদন জনালোঁ।
তৃতীয় স্তৱক
✡ ✡ ✡ ✡ ✡ ✡
মই প্ৰিয়তমৰ কণ্ঠস্বৰ শুনিছো। যৱনিকাৰ
সিপ্ৰান্তত থিয় হৈ অনবদ্য ভাষাত তেওঁ মোক অভিনন্দন জনালে, ভাগ্যপ্ৰাচীৰৰ দৰে সেই যৱনিকাই আমাৰ
মাজত ব্যবধান সৃষ্টি কৰিছিল। মই থিয় হৈ প্ৰিয়তমক অভিনন্দন জনালো। তেওঁ যে মোৰ
বিশ্বজগতৰ সম্রাট। তেওঁৰ ভাষাতে মই তেওঁক তেওঁৰ আগমনৰ কাৰণে ধন্যবাদ দিলো। তেওঁ
উত্তৰ দিলে-
সম্রাট
নন্দিনীয়ে মোক ধন্যবাদ জ্ঞাপন কৰিছে নেকি? তেওঁৰ দৃষ্টিত আছিল সূৰ্যৰ দীপ্তি, সমুদ্ৰৰ প্ৰাচুৰ্য। মই ঝাৰোখাৰ মাজেৰে স্বর্ণাভ সন্ধ্যাকাশৰ প্রচ্ছদপটত
প্ৰিয়তমৰ শুভ্ৰ উষ্ণীষ দেখিবলৈ পালোঁ, তেওঁৰ শিৰ অতীততকৈও ওখ দেখা গৈছিল। তেঁৱে বহু যুদ্ধৰ বিজয়ী বীৰ। তেওঁ পুনৰ ক'লে- সম্রাট নন্দিনী, আপোনাৰ শ্রদ্ধাস্পদ পিতাই তেওঁৰ
দুঃসময়ত১৬ এদিন
উদয়পুৰলৈ আহিছিল— তেওঁৰ
অভ্যৰ্থনাৰ কাৰণে আমি এটি সন্মান তোৰণ ৰচনা কৰিছিলোঁ। সেই তোৰণত আজিলৈকে দিবা-নিশি অগ্নিশিখা
জ্বলি আছে, যিমান
দিনলৈকে ৰাজপুত জীয়াই থাকিব সিমান দিনলৈকে সেই অগ্নিশিখা অনির্বাণ হৈ থাকিব। যিমান
দিনলৈকে মোৰ বাহুত শক্তি থাকিব,
সিমান দিনলৈকে মোৰ তৰোৱাল সম্রাটনন্দিনীৰ সন্মানৰ বাবে উন্মুক্ত
থাকিব।
ঝাৰোখাৰ ওপৰত
মোৰ অধৰপুট ন্যস্ত কৰি মই উদ্বেগজড়িত কণ্ঠত কৈ উঠিলো- কিন্তু ৰাজপুত্ৰৰ সন্মান!
প্ৰিয়তমৰ
অধৰপুটৰপৰা হাঁহিৰ ৰেখা বিলীন হৈ গ'ল।
তেওঁ ক'বলৈ ধৰিলে-
হিন্দুস্থানৰ দুৰ্ভাগ্য, হিন্দুস্থানৰ
ক্ষত্ৰিয় আৰু ব্ৰাহ্মণসকলেই এই দেশৰ দুৰ্ভাগ্য মাতি আনিছে। বাদচাহ নন্দিনী, আপোনাৰ মনত পৰেনে, যে আপোনাৰ তেজত ৰাজস্থানৰ শোণিতকণা বৈ
আছে; ৰাণা সংগ্রাম
সিং এদিন মহম্মদ ঘোৰীৰ বিৰুদ্ধে দিল্লী আজমীৰ ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিবলৈ অৱতীৰ্ণ
হৈছিল। সেই বীৰ কুমাৰৰ কীৰ্ত্তিৰ গৌৰৱত আপুনিও সমুজ্জ্বল। যুদ্ধৰ সময়ত এদিনাখন
গভীৰ নিশা সমৰ সিংহে এগৰাকী অৱগুণ্ঠিতা নাৰী মূৰ্ত্তি প্রত্যক্ষ কৰিলে। হঠাৎ তেওঁৰ
অৱগুণ্ঠন খুলি গ'ল-
অপূর্ব সেই মুখশ্রী। সমৰ সিংহে শুনিলে ভৱিষ্যত বাণী- বীৰ, তোমাৰ লগে লগে ভাৰতৰ গৌৰৱ লুপ্ত হৈ
যাব। দিল্লীৰ পতন হ'ল; বহু শতাব্দী পাৰ হৈ গৈছে— দিল্লীৰ গৌৰৱ এতিয়া ধূলিত অৱলুণ্ঠিত।
আমি ৰাজপুত— হিন্দুস্থানৰ
পবিত্ৰ গিৰি নদী ৰক্ষাৰ ভাৰ এতিয়া আমাৰ ওপৰত, অথচ আমি আজিও আত্মকলহত নিমজ্জিত হৈ আছোঁ।
মই উত্তৰ দিলো-
আপোনাৰ পূৰ্বপুৰুষে কণৌজকুঁৱৰী সংযুক্তাৰ কাৰণে সংগ্ৰাম কৰিছিল। প্রিয়তমৰ
যুদ্ধযাত্ৰাৰ পূৰ্বমুহূর্তে সংযুক্তাই কি কৈছিল সেয়া আপোনাৰ স্মৰণ আছেতো- ‘বীৰৰ মৃত্যুই মানুহক অমৰত্ব দান কৰে।
মোৰ কাৰণে চিন্তিত নহ'বা
প্রিয়তম, অমত্বৰ
কথা চিন্তা কৰা। শত্ৰুক দ্বিখণ্ডিত কৰা, মৃত্যুৰ
সিপাৰত মই তোমাৰ অৰ্দ্ধাঙ্গিনী হ'ম।' পৃথ্বীৰাজ যেতিয়া যুদ্ধত নিহত হ'ল তেতিয়া সংযুক্তাই সহমৰণৰ চিতাত
আৰোহণ কৰি কৈছিল- “তোমাৰ
মোৰ পুনৰ মিলন হ'ব
সিপাৰত— স্বৰ্গত।
যোগিনীপুৰত১৭
তোমাৰ সাক্ষাৎ নাপাম।”
মোৰ দুলেৰাই কি বিশ্বাস কৰে যে, ইহলোকত যিসকলৰ মিলন হোৱা নাই পৰলোকত তেওঁলোকৰ মিলন সম্ভব?
মোৰ যুগ যুগ
সঞ্চিত আকাংক্ষা এটি মাথোন প্ৰশ্নৰ মাজেদি পৰিস্ফুটিত হৈ উঠিল।
প্ৰিয়তমৰ মুখত বিৰিঙি
উঠিল এক অপূৰ্ব স্মিত হাঁহিৰ ৰেখা,
সেই হাঁহিৰ ৰেখাৰ মাজতে মই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পালো। সেই
উত্তৰ হ'ল— একমাত্ৰ চিতাৰ অগ্নিশিখাই মানুহৰ
আত্মাক নিৰ্মল নকৰে। জটিল সমস্যাৰ উত্তৰত এটি মাধোন শব্দই যিদৰে সকলো সমস্যা
সমাধান কৰি দিয়ে, তেনেকৈ
এটি হৃদয়ৰ স্পৰ্শই বেলেগ এটি হৃদয়ক সংসাৰৰ মায়াৰ বন্ধন ছিন্ন কৰি ভগবানৰ পথত
মুক্তিৰ সন্ধান দিয়ে— সেই
মুক্তি ইহলোকতেই হওঁক অথবা পৰলোকতে হওঁক।
এই কেইটামান
শব্দই মোৰ মনত আশীৰ্বাদ বাৰি সিঞ্চন কৰিলে। মই ঝাৰোখাৰ অতি কাষলৈ আহিলো— এই ঝাৰোখাই মোক আনন্দলোকৰ পৰা আঁতৰত
ঠেলি ৰাখিছিল। বিজেতাৰ পদপ্ৰান্তত যিদৰে দুৰ্গ প্ৰাচীৰ অৱলুণ্ঠিত হৈ পৰে, তেনেকৈ যদি এই ঝাৰোখা মোৰ সন্মুখত লুটি
খাই পৰিলহেঁতেন, আনন্দৰ
শিহৰণত মই ৰোমাঞ্চিত হৈ উঠিলোহেঁতেন। মই ভাষাৰ আৱৰণেৰে মোৰ লজ্জাৰ আৱৰণ ৰচনা
কৰিলো। মই দুলেৰাৰ ওঁঠত সস্মিত হাঁহি প্ৰত্যক্ষ কৰিলোঁ।
...... ....... ......
কপালৰ লেখা কোনে খণ্ডাব পাৰে।
...... ....... ......
আলোকৰ মালা
জ্বলিছে। আকাশৰ বুকুত তৰাৰ মালা কোনে সজাই দিলে? দেওয়ান-ই-আমৰ সংগীত স্তব্ধ হৈ গৈছে, একমাত্ৰ জলকলতান মোৰ শ্ৰুতি গোচৰ হৈ আছিল। মোৰ হৃদপিণ্ডৰ স্পন্দনৰ
প্ৰতিধ্বনি শুনিবলৈ পালো। আমি দুয়ো বেলেগ মানুহৰ অগোচৰে মৃদু স্বৰত কথোপকথন
কৰিলো।
আমি ভৱিষ্যতৰ
বিষয়ে কল্পনা কৰিলো- আপুনি আমৰণ মোৰ পিতা ছাহজাহান আৰু ভ্ৰাতা দাৰাৰ অনুৰুক্ত
থাকিবনে?
তেওঁ
হাঁহি মাৰি ক'লে-
এদিন সম্রাট আকবৰ দিগন্ত বিস্তৃত ভাৰতৰ অধীশ্বৰ আছিল আৰু বহু যুদ্ধৰ নায়ক প্ৰতাপ
সিংহ ক্ষুদ্ৰ ৰাজ্য মেৱাৰৰ ৰাণা আছিল। ৰাণা প্ৰতাপ সিংহ সমৰ সিংহৰ বংশজ সন্তান আছিল। চিৰস্মৰণীয় আকবৰে সপোন দেখিছিল— তেওঁ ভাৰতবৰ্ষ জয় কৰিব, নিখিল ভাৰতৰ ঐক্য স্থাপন কৰিব। প্ৰতাপ সিংহই স্থিৰ কৰিছিল- তেওঁ নিজৰ
জন্মভূমি ৰক্ষা কৰিব, তেওঁৰ
পূৰ্বপুৰুষৰ ৰাজ্যসীমা অক্ষুণ্ণ ৰাখিব। প্ৰতাপ সিংহ চিৰন্তন হৈ থাকক- যিমান
দিনলৈকে ভাৰতবৰ্ষত এজন মাথোন ক্ষত্ৰিয় জীয়াই থাকিব সিমান দিনলৈকে ৰাণা প্রতাপ
জীয়াই থাকিব....।
সন্ধিয়াৰ বতাহত
লাহে লাহে দূৰৰ উদ্যানৰপৰা গোলাপৰ গোন্ধ ভাহি আহি আছিল, সেই গোন্ধৰ লগে লগে মোৰ স্মৃতিত শৈশৱৰ
আনন্দক্ষণবোৰ ভাহি উঠিল। এনেকুৱা এক সন্ধিয়া এজনী বৃদ্ধা ৰাজপুতানী মোৰ মহলত বহি
মেৱাৰ, বুন্দী, অম্বৰ ৰাজবংশৰ কীৰ্ত্তিগাথা শুনাই আছিল, সেই কাহিনী শুনোঁতে শুনোঁতে মই মোৰ
পৰিচয় বিস্তৃত হৈ গৈছিলোঁ। মই বিশ্বাস কৰিছিলো, মই হিন্দুস্থানৰ ৰাজবংশৰ সন্তান।
মই আগ্ৰহেৰে ক'লো- আমাৰ পূৰ্বপুৰুষ আছিল বিশ্ববিশ্রুত
বাদচাহ বাবৰ, প্ৰতাপ
সিংহ আছিল বাৰৰৰ প্ৰতিদ্বন্ধী ৰাণা সংগ্ৰাম সিঙৰ পৌত্র। বাদচাহ বাবৰ তৈমূৰৰ ৰাজ্য
ফাগাণাৰপৰা বিতাড়িত হৈ ভাৰত সম্রাট ইব্রাহীম লোডীৰ ৰাজ্য জয় কৰিছিল। মাথোন এটি
ক্ষুদ্র বাহিনী সম্বল কৰি বাদচাহ বাবৰ ৰাজস্থানৰ সন্মিলিত বাহিনীৰ সন্মুখীন হৈছিল।
আপোনাৰ নিশ্চয় মনত আছে, প্রিয়তম, বাদচাহ বাবৰ পৰাজয়ৰ পূৰ্বমুহূর্তে
তেওঁৰ স্বৰ্ণ-ৰৌপ্য খচিত সুৰাপাত্ৰ দূৰলৈ নিক্ষেপ কৰি প্ৰতিজ্ঞা কৰিছিল- “আৰু সুৰা স্পৰ্শ নকৰিম।” তেওঁৰ মন পবিত্ৰ হৈ গ'ল। বাদচাহক অনুসৰণ কৰি তেতিয়াই তেওঁৰ
তিনিশ হতাশ অনুচৰে প্ৰতিজ্ঞা কৰিলে- “আৰু সুৰা স্পৰ্শ নকৰো।” নতুন উন্মাদনাত সিহঁতৰ প্ৰাণ ভৰি উঠিল। কোৰাণ স্পৰ্শ কৰি সিহঁতে শপত
খালে, জয় অথবা
মৃত্যু। “আল্লাহু আকবৰ” ধ্বনি দি সুবিশাল ৰাজপুত বাহিনীৰ ওপৰত
জঁপিয়াই পৰিল। ৰাণা সংগ্রাম সিং বিজয়ৰ মুহূৰ্তত নিশ্চেষ্ট হৈ থিয় দি থাকিল।
ৰাণা তেতিয়াও যেন কিহবাৰ কাৰণে অপেক্ষা কৰি আছিল। বাদচাহ বাবৰ বিজয়ী বীৰ ৰূপে অভিনন্দিত হ'ল। কওঁকচোন ৰাণা সংগ্ৰাম সিংহ কাৰ
কাৰণে অপেক্ষা কৰি আছিল ?
ঝাৰোখাৰ মাজেৰেই
প্ৰিয়তমে মোৰ চকুৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰি ক'লে- আমি ভাৰতবাসী,
আমি হিন্দু, আমি
অদৃষ্টক বিশ্বাস কৰোঁ। শেষ মুহূৰ্ত্তত অদৃষ্টৰ পেষণত অন্ধ হৈ যাওঁ। মোৰ ধাৰণা, একমাত্ৰ ৰাণা সংগ্ৰাম সিংহই সৰ্বশেষ বাৰৰ
বাবে স্বাধীন ভাৰতৰ মোহন সপোন দেখিছিল। কিন্তু বিশ্বাসঘাতকে তেওঁক ছলনা কৰিছিল।
তেওঁ আছিল বিৰাট যোদ্ধা, তেওঁৰ
শৰীৰত আশীটা যুদ্ধ ক্ষতচিহ্ন আছিল;
তেওঁৰ মাথোন এটা চকু, এখন
হাত আছিল; ভয়
অথবা আশংকাত তেওঁ নিশ্চল হৈ নাছিল।
হঠাৎ দুলেৰা
হাঁহি উঠিল— গভীৰ
উচ্ছ্বসিত সমুদ্ৰৰ ঢেউৰ দৰে সেই হাঁহি, সেই হাঁহি নিৰ্ভীক। সমুদ্রৰ ঢেউ যিদৰে বেলাভূমিক আঘাত কৰে তেওঁৰ
উচ্ছ্বসিত হাঁহিয়ে মোক সেইদৰে আঘাত কৰিলে। মই চকুযোৰেৰে ঝাৰোখাৰ প্ৰান্তদেশ
স্পৰ্শ কৰিলো। যেন তেওঁৰ নয়নে মোৰ নয়ন স্পৰ্শ কৰিলে। মোৰ মনত পৰিল চাৰণ বৰদাইৰ
গাঁথা—
স্বপ্নৰ
দৰে দলিয়াই দিয়া জীৱনৰ পাত্ৰখনি
সমৰ
তৰংগত জঁপিয়াই পৰিল বীৰ পুঙ্গৱ
গুচি গ'ল ৰণ তীর্থভূমি।
মই ক'লো-প্ৰিয়তম, ৰাজপুত মৃত্যু ভয়ত ভীত, এই অপবাদ কোনেও তেওঁক নিদিয়ে। তাৰ
পাছত আমি সম্রাট আকবৰ, ৰাণা
প্ৰতাপ সিংহৰ কাহিনী আলোচনা কৰিলো।
তাৰ পাছত
প্ৰিয়তমে ক'লে-অকলে
ৰাণা প্ৰতাপে তেওঁৰ সামন্তসকলক লৈ সম্ৰাট আকবৰৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ
হল।ৰাজস্থানৰ সকলো নৰপতি দিল্লীৰ বাদচাহৰ বশ্যতা স্বীকাৰ কৰিছিল, তেওঁলোকেই তো
দিল্লীৰ অৱলম্বন ও অলংকাৰ আছিল। তেওঁলোক আটায়ে দিল্লীৰ সাহায্যৰ কাৰণে অগ্ৰসৰ হ'ল। পঁচিশ বছৰ ব্যাপী সেই ভীষণ সংগ্রাম
চলিল— আৰাৱলী
পর্বতমালা হ'ল
ৰাণা প্রতাপৰ দূৰ্গ, আৰু
বনানী হ'ল ৰাণাৰ
ৰাজপুৰী। ৰাণাৰ শয্যা হ'ল
তৃণ আভৰণ, যৱৰ
কটী হ'ল তেওঁৰ ৰাজভোগ।
সম্রাট আকবৰে বাপ্পাৰাওৰ ৰাজধানী চিতোৰ নিকৰুণভাবে লুণ্ঠন কৰিলে। আজিও ৰাজপুতনাৰ
চাৰণ গাই ফুৰে চিতোৰ ধ্বংসৰ সেই কাহিনী।
আজি আৰু
চিতোৰেশ্বৰীৰৰ মন্দিৰত সন্ধ্যাপ্রদীপ নজ্বলে; আজি ৰাজপুৰীৰ দামামা ধ্বনি স্তব্ধ হৈ গৈছে। অতীতত ধামামা ধ্বনিৰ
দ্বাৰা ৰাণাৰ দুৰ্গ প্ৰৱেশ ও প্রস্থান ঘোষণা কৰা হৈছিল। সালুনাধিপতি১৮, সূর্যদ্বাৰৰ পাদদেশত নিহত হোৱাৰ পাছৰ পৰা বাপ্পাৰাওৰ বংশৰ কোনো
স্বাধীন নৰপতিয়ে সেই দুৱাৰ অতিক্ৰম কৰা নাই ।
তাৰ পাছত খবৰ আহিল ৰাণা প্রতাপ সন্ধি
প্রত্যাশী। ৰাণাই সকলো দৈন্য সহ্য কৰিব পাৰিলে, কিন্তু অৰণ্যত সন্তানসকলৰ উপবাসক্লিষ্ট দেহৰ দৃশ্য সহ্য কৰিব
নোৱাৰিলে।
আকবৰৰ ৰাজপুত
সামন্তসকল উদ্বিগ্ন হৈ উঠিল। যদিও তেওঁলোকে আকবৰৰ বশ্যতা স্বীকাৰ কৰিছিল, তথাপি তেওঁলোকে ৰাণা প্রতাপৰ অকলংক
চৰিত্ৰ স্মৰণ কৰি গৌৰৱ অনুভৱ কৰিছিল, ৰাণাক ৰাজপুত সমাজৰ গৌৰৱ বুলি সন্মান কৰিছিল। যোদ্ধা কবি পৃথ্বীৰাজে
প্ৰতাপলৈ লেখিছিল- 'হিন্দুই
হ'ব হিন্দুৰ
আশ্ৰয়। 'এই লিপি পাঠ কৰি
প্ৰতাপ আকৌ নতুন প্ৰেৰণাত উদ্দীপ্ত হৈ উঠিল। এইবাৰৰ অভিযানে তেওঁক আৰু মহিমামণ্ডিত কৰি তুলিলে। ৰাণাই জীৱন কালত যেনেকৈ স্বাধীন জীৱন যাপন কৰিছিল মৃত্যুৰ সময়তো
তেনেকৈ স্বাধীন আছিল। কিন্তু তেওঁ চিতোৰ দুৰ্গৰ বাহিৰত মৃত্যু বৰণ কৰিলে। ৰাণা
প্রতাপৰ পুত্ৰ অমৰ সিংহ শত্ৰু দ্বাৰা বিতাড়িত হৈ সম্রাট ছাহজাহানৰ সন্মুখত
ৰাজপুতৰ নীলা পতাকা অৱনমিত কৰিলে—
সেই পতাকা বহু যুগ ব্যাপী তেজৰঞ্জিত হৈ চিতোৰৰ গৌৰৱ ঘোষণা কৰিছিল।
ৰাণাৰ চিতাভস্ম সূৰ্য দুৱাৰৰ১৯ মাজেৰে বৈ লৈ গৈছিল— সেয়া যে চিতোৰৰ শেষ স্বাধীন ৰজাৰ
চিতাভস্ম- সামন্ত নৰপতিৰ নহয়.....
চিতোৰৰ সামন্ত
নৰপতি!! সেই ধ্বনি প্রতিধ্বনিত হ'ল
উদ্যানৰ স্তুম বীথিৰ মাজেৰে- সেই সুৰ কিন্তু দুলেৰাৰ কণ্ঠস্বৰৰ দৰে নহয়। ধাৰণা হ'ল, সেই ধ্বনি যেন বেলেগ জগতৰ পৰাহে
ভাহি আহিছে।
তাৰ পাছত দুলেৰাই
কৈ গ'ল— যেন বহু দূৰাগত কণ্ঠস্বৰ আজিও চিতোৰ
দূৰ্গত ৰাজপুত নাৰী দেৱতাৰ চৰণত অৰ্থ নিবেদন কৰে, যেনেকৈ কৰিছিল অতীত যুগত। আজিও ৰাণী পদ্মিনীৰ ভগ্নপ্ৰাসাদৰ প্ৰাচীৰৰ
ওপৰত বহি কুলিয়ে বসন্তৰ গীত গায়। ভগ্ন স্তম্ভৰ ওপৰত বহি ময়ূৰ তাৰ বহুবৰ্ণশোভিত
পুস্থ মেলি নৃত্য কৰে, সেইজীয়া
ৰঙৰ বিজয়স্তম্ভই২০ অতীত যুগৰ বহু গৌৰৱোজ্জ্বল স্মৃতি বহন কৰি আছে। সেইবোৰ চিতোৰ
ধ্বংসৰ কোনো কাহিনীৰ সাক্ষী নহয়—
বিজয় স্তম্ভবোৰ বিজয়ৰে মৌন সাক্ষী। বিজয় স্তম্ভৰ পাদদেশত বহি চাৰণ
কৰিয়ে বীণাৰ সুৰত সুৰ মিলাই বীৰ পুট্টা ও জয়মলৰ২১ কাহিনী কীৰ্ত্তন
কৰে। তেওঁলোকে সম্রাট আকবৰৰ বিৰুদ্ধে চিতোৰ ৰক্ষাৰ কাৰণে প্ৰাণ উছৰ্গা কৰিছিল। বীৰ
পুট্টাৰ জননী ও জায়াই তৰোৱাল হাতত সৈন্যৰ সন্মুখ ভাগত থিয় হৈ সৈন্যসকলক উজ্জীৱিত
কৰিছিল, তেওঁলোকে স্বয়ং
যুদ্ধক্ষেত্ৰত প্ৰাণ ত্যাগ কৰিছিল। আজিও চাৰণ চিতোৰৰ সেই কাহিনী গাই ফুৰে। মহিয়সী
ৰাজপুত মহিলা শত্ৰুৰ হাতত বন্দী হৈ আত্মৰক্ষাৰ কাৰণে অগ্নিশিখা আলিংগন কৰি
আত্মবিসর্জন দিছিল। আলাউদ্দীনৰ চিতোৰ অৱৰোধৰ দিনা ৰাণী পদ্মিনী ভূ-তলৰ দূৰ্গপথত
সকলো পুৰনাৰীৰৰ পাছত চিতাত আৰোহণ কৰিছিল। চাৰণৰ মুখত আজিও শুনিবলৈ পোৱা যায় সেই
মত্যুৰ বাণী, সেই
জীৱন কাহিনী—
সকলোৱে
মৰে— সকলোৱে জীয়াই
থাকে।
বহুদূৰত গহীন
বনত সিদ্ধ মহাপুৰুষ ধ্যানমগ্ন হৈ বহি আছিল। তেওঁৰ চকুৰপৰা অজ্ঞান অঞ্জন অপসাৰিত হৈ
গৈছিল। তেওঁ প্রত্যক্ষ কৰিছিল যে,
মানুহে যাৰ কাৰণে যন্ত্ৰণা ভোগ কৰে, যাৰ কাৰণে সংগ্রাম কৰে, যাৰ কাৰণে প্ৰাণ বিসর্জন দিয়ে, তাৰ কোনো মূল্য নাই। তেওঁ সেই পৰম ব্ৰহ্মক উপলব্ধি কৰিছিল—'একমেবাদ্বিতীয়ং'—সমস্ত সুৰ তেওঁৰ ওচৰত এটি মাথোন সংগীতত
লীন হৈ গৈছিল, সমস্ত
বর্ণ বৈচিত্র একেই আলোক শিখাত মিলিত হৈ গৈছিল। সেই বিৰাট আলোকশিখা সিদ্ধ মহাপুৰুষৰ
আত্মাক সমুজ্জ্বল কৰি তুলিছিল। তেওঁ সকলো ইন্দ্ৰিয় প্ৰশান্তিৰ মাজেৰে আত্মোপলব্ধি
কৰিছিল। সেই সিদ্ধ পুৰুষ গৰাকীয়েই আছিল ভাৰতৰ প্ৰকৃত সম্রাট আকবৰ।
এই সত্য সম্ৰাট
আকবৰে উপলব্ধি কৰিছিল। তেওঁ এক লিংগ মন্দিৰৰ বেদী উত্তোলন কৰি সেই প্রস্তখণ্ডৰ
ওপৰত কোৰাণ ৰাখিছিল। তেওঁ চন্দ্ৰতাৰকাখচিত বিশাল আকাশৰ তলত বহি উপাসনা কৰিছিল।
তেওঁৰ বাসনা আছিল— সেই
বিৰাট পূজামণ্ডপলৈ আহি বিশ্বৰ প্ৰতিজন মানুহে তেওঁলোকৰ পূজাবেদী ৰচনা কৰক। সেই পৰম
বিদেশীয়ে আমাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিছিল। কিন্তু তেওঁ আমাৰ কাৰণে গৃহৰ দুৱাৰ
উন্মুক্ত কৰিছিল, প্রাচীন
যুগৰ ঋষিৰ দৰে তেওঁৰ মাজত এক সুবিশাল অসাধাৰণ শক্তি আছিল। প্রচণ্ড বিৰুদ্ধ শক্তিক প্ৰতিহত
কৰি তোওঁ হিন্দুক মুছলমানৰ লগত বহিবলৈ অধিকাৰ দিছিল।
ৰাণা প্রতাপৰ
লগে লগে ৰাজপুতৰ স্বাধীনতাৰ চিহ্ন শেষ হৈ গৈছিল। অৱশ্যে ভাৰতবাসীয়ে ভাৰতৰ মহিমাৰ
এক নতুন দৃষ্টিভংগী আৱিষ্কাৰ কৰিছিল, যিমান দিনলৈকে সম্রাট আকবৰৰ আদৰ্শই তৈমূৰ বংশক উদ্বুদ্ধ কৰিব, সিমান দিনলৈকে ৰাণা প্রতাপৰ বংশধৰসকলো
সেই আদৰ্শত অনুপ্রাণিত হ'ব।
মই মোৰ পূৰ্বপুৰুষৰ তৰোৱাল সাক্ষী কৰি শপত খাইছোঁ, যিমান দিনলৈকে মই জীৱিত থাকিম, সিমান দিনলৈকে ৰাজকুমাৰী জাহানাৰাৰ কাৰণে, চাহজাদা দাৰাৰ কাৰণে, সম্রাট ছাহজাহান কাৰণে জীৱন উছৰ্গা
কৰিম।
এইদৰে কৈ দুলেৰাই
তেওঁৰ তৰোৱাল উত্তোলন কৰিলে। তেওঁৰ তৰোৱাল মূৰৰ কেউফালে যেন জ্যোতিৰেখাৰ দৰে
উদ্ভাসিত হৈ উঠিল।
...সেই শুভদিনৰ
কাৰণে ভাৰতবৰ্ষ যুগ যুগ ধৰি অপেক্ষা কৰিব পাৰে। এদিন নিশ্চয় সেই শুভদিন
আহিব......
চতুর্থ স্তৱক
বহু আলোক নুমাই
গৈছে, অৱশ্যে তেতিয়াও
আকাশত তৰা জ্বলি আছিল। মই মোৰ কক্ষৰ সন্মুখৰ বাৰাণ্ডাত বহি আছো, পদতলত অবিৰাম বৈ চলিছে জলস্রোত-
স্রোতস্বিনীৰ তীৰত বৃক্ষ থিয় হৈ আছে। বৃক্ষ-পত্ৰই মোৰ মূৰৰ ওপৰত আচ্ছাদন ৰচনা
কৰিছে।
তাৰ পাছত দুলেৰা
অন্তৰ্নিহিত হ'ল।
মই কিন্তু অনুভৱ কৰিলো, তেওঁৰ
সান্নিধ্য সেই ঘন নীলা কৃষ্ণনিশাৰ অন্ধকাৰৰ সৰ্বত্ৰ সৰ্বক্ষণ বিৰাজমান। মোৰ জ্বলি
থকা অংগ-প্ৰত্যংগবোৰক নিশাৰ শীতলতাই সুশীতল কৰি তুলিলে। মোৰ বাৰাণ্ডাৰ কাষত বহু
যুথিকা ও মল্লিকা ফুলিছিল, মই
আলোকৰ তলত বহি শুভ্ৰ পুষ্পৰ এটি মালা গাঁথিলো। দুলেৰাৰ পৰিচ্ছদ আছিল শুভ্ৰ, তাৰ মাজ ভাগত আছিল স্বর্ণখচিত কোমৰবন্ধ। একমাত্র চন্দ্ৰৰ
চিন্তাত যিদৰে সমুদ্ৰৰ জোৱাৰ-ভাটা খেলি যায়, তেনেকৈ একমাত্ৰ দুলেৰাৰ চিন্তাত মোৰ
জীৱনৰ গতি নিয়ন্ত্ৰিত হৈছিল। তেওঁৰ চিন্তাই মোৰ জীৱনলৈ আনন্দ ও উচ্ছ্বাস আনি
দিছিল।
আজিৰ দৰে আকাশ
মোৰ ইমান সান্নিধ্যলৈ আহিছেনে কেতিয়াবা ? আজিৰ আকাশ মোৰ ওচৰত এটি স্বচ্ছ পদ্মৰাগমণিখচিত চন্দ্ৰাতপ। আজিৰ ধৰণী
মোৰ উৎসৱ কক্ষ; তাৰকাৰাজি
মোৰ উৎসৱত উজ্জ্বল প্ৰদীপ হৈ জ্বলিছে, নদীৰ জলকলতান মোৰ বীণাৰ সংগীত, মোৰ আনন্দ উৎসৱত যোগ দিবলৈ মই সমগ্ৰ বিশ্বক আমন্ত্ৰণ জনাইছোঁ। আজি যে মোৰ
স্বয়ম্বৰ.......!
মই যেন মোৰ পিতা
সম্রাট ছাহজাহানৰ কাষত সুবর্ণখচিত সিংহাসনৰ ওচৰত বহি আছোঁ। মই প্ৰত্যক্ষ কৰিলো, দেওয়ান-ই-আমত সকলো সামন্ত নৰপতি আৰু
সম্ভ্রান্ত পৰিষদ সমবেত হৈছে। সকলোৰে শেষত আহিল মোৰ দুলেৰা- ধীৰ নিঃশব্দ পদ সঞ্চালনত, প্রথম দিনাৰ দৰে উন্নত গ্ৰীৱা, চন্দ্ৰৰ দৰে সমুজ্জ্বল: কাষত তাৰকাৰ
দৰে নিষ্প্রভ সামন্তসকল। মোৰ ফুলৰ মালাই দুলেৰাৰ অংগ স্পৰ্শ কৰি গ'ল।
বতাহৰ আন্দোলনত
আন্দোলিত পত্ৰৰ মৰ্মৰ ধ্বনিৰ দৰে দুলেৰাৰ নাম দিল্লীৰ বতাহত বিয়পি পৰিল। মই
কিন্তু প্রত্যক্ষ কৰিলো, প্রিয়তমৰ
চকুযোৰ সমুদ্ৰৰ দৰে গভীৰ, সূৰ্যৰ
দৰে ভাস্বৰ। মই আজি তেওঁৰ মাজত সন্ধান পালো মোৰ দয়িতৰ— যাক মই চিৰদিন সন্ধান কৰি ফুৰিছোঁ। মই পাইছো মোৰ
গুৰু- যিয়ে মোক সকলোবোৰ শিক্ষা দিব পাৰে, যাক মই চিৰদিন অনুসৰণ কৰিব পাৰো।
স্বামীহীনা নাৰী
আৰু সূৰ্যহীন দিৱস উভয়েই নিৰৰ্থক।
মই মোৰ
বাৰাণ্ডাত বহি সপোন দেখিছো। বিবাহ উৎসৱৰ নিশাৰ আলোকৰ মালাৰ দৰে জোনাকী পৰুৱাবোৰ
মোৰ কাষত নৃত্য কৰিছে। শ্বেখ ইবন-উল-আৰাবীয়ে চিন্তাশক্তিৰ দ্বাৰা সপোনক বাস্তৱত
পৰিণত কৰাৰ ৰহস্য জানিছিল। দুলেৰাৰ ওচৰলৈ পত্ৰ লেখাৰ কাৰণে মোৰ ইচ্ছা জাগিল; সেই পত্ৰ যোগে মই মোৰ অন্তৰৰ গোপন
বাসনা জনাই দিম, দাৰাই
যদি যুদ্ধত জয়ী হয় তেনেহ'লে
সম্রাট আকবৰৰ বিধান২২ পৰিৱৰ্ত্তন কৰি দাৰাই তেওঁৰ ভগ্নীক স্বেচ্ছাই দৰা বৰণ কৰাৰ অধিকাৰ
দিব। মই জনাই দিলো, শ্ৰীৰামচন্দ্ৰ
বনবাসলৈ গমন কৰাৰ সময়ত জানকীয়ে কৈছিল- 'যদি মোৰ স্বামী ৰাজপ্রাসাদৰ অথবা স্বৰ্গৰ পথত বিচৰণ কৰে, যদি শূন্যলোকত বা গভীৰ অৰণ্যত ভ্ৰমণ
কৰে, তথাপিও স্বামীৰ
চৰণ ছাঁয়াই স্ত্ৰীৰ একমাত্র আশ্রয়। ভ্ৰমণৰ সময়ত মৰ্ত্ত্যলোকত ধূলিকণাৰ প্ৰকোপত
যদি স্ত্ৰীৰ নিশ্বাস বন্ধ হয়, তেনেহ'লে সেই ধূলিকণা হ'ব স্ত্ৰীৰ সুমধুৰ চন্দন গন্ধবাহী
কুমকুম।
মই মোৰ কাহিনী
আৰু লেখিলোহেঁতেন— কিন্তু
নিশাৰ কোলাত ৰক্তিম আভা প্রস্ফুটিত হৈ উঠিছে। সৌৱা সমুদ্ৰৰ কোলাত অৰুণৰ আভাস; অসময়ত মোৰ আঁচলৰ মালা শুকাই গৈছে। আজি
মোৰ জীৱনাকাশত নতুন অৰুণ উদয় হৈছে।তেওঁ আমৰণ মোৰ দিনবোৰ আলোকিত কৰি ৰাখিব নেকি? মোৰ হৃদয় আজি নৱৰূপত ৰূপায়িত হৈ
উঠিছে। মোৰ হৃদয়ে মোৰ বাৰ্ত্তা নুশুনে— বেলেগ এজনৰ বাৰ্ত্তাৰ কাৰণে উৎকণ্ঠিত। মোৰ সমস্ত অস্তিত্ব দুলেৰাৰ
মাজত অৱলুপ্ত হৈ গৈছে। প্ৰিয়তমৰ মাজেৰে মই বিশ্বচৰাচৰৰ মাজত লীন হৈ আছো, মোৰ আত্মা তেওঁৰ আত্মাৰ আলোকত উদ্ভাসিত
হৈ উঠিছে, কাল
আৰু অনন্তৰ মাজত সমগ্ৰ সীমা বিলীন হৈ গৈছে— গোপন ৰহস্যৰ দুৱাৰ আজি মোৰ ওচৰত উন্মুক্ত.....।
প্রভাতৰ আকাশে
মোৰ চিন্তাৰ স্ৰোতক বিৰাটৰ ফালে লৈ গৈ আছে। স্বচ্ছ নির্মল বায়ু সমূদ্রত সূৰ্যৰ
কাষত স্বৰ্গৰ নীলা পৰীবোৰে পৰিভ্ৰমণ কৰি আছে। সিহঁতে যেন সমগ্র ব্যোম পৰিমাপ কৰি দেখিব। এটি
মিমহান পখি মৰ্মৰ প্ৰাচীৰৰ ওপৰত বহি আছে। তাৰ কণ্ঠত প্রভাত সংগীত। নৱপ্ৰস্ফুটিত
গোলাপ তাৰ গোন্ধ ছটিয়াই সূর্য দেৱতালৈ অৰ্ঘ্য নিবেদন কৰিছে।
তাৰ পাছত মই
ফিৰোজচাহৰ পৰিখাৰ সিটো তীৰত উটৰ খুৰাৰ ধ্বনি শুনিলো। বণিকৰ দল গৈ আছে, সিহঁতে নিশা আগমনৰ আগতেই দিনৰ কাম
সম্পূৰ্ণ কৰিব। এটি পাৰস্য সংগীতে প্রভাতক আকুল কৰি তুলিছে। আবু ছাইদৰ প্ৰেমৰ গান
মোৰ চকুত মূৰ্ত্ত হৈ উঠিলঃ-
সমাধিৰ
অভ্যন্তৰে মৃত্তিকাৰ অন্তৰালে
ভঙ্গুৰ এই দেহ মোৰ যদি মিলি থাকে,
অস্থি
মোৰ থাকে যদি ধৰাৰ ধূলিত মিলি
জাগি উঠিম মই তোমাৰে মাতে।
পঞ্চম স্তৱক
অন্ধকাৰ নামি
আহিছে, মই
আঙ্গুৰীবাগৰপৰা আলোক উদ্ভাসিত জেচমিন প্রাসাদৰ ফালে গৈ আছোঁ। তাত নীৰৱে অকলে বহি লিখিব পাৰিম, তাত কোনো মানুহৰ পদধ্বনিয়ে মোৰ চিন্তা ব্যাহত
নকৰিব- মোৰ অতীতক জাগ্ৰত নকৰিব- মোৰ বাস্তৱ জীৱনৰ সংবাদ বহন কৰি নানিব। সম্রাট
চাহজাহানে আজি মোক আহ্বান কৰিছে। পিতাৰ যন্ত্ৰণা লাঘৱ কৰাৰ কাৰণে ঔৰঙ্গজেৱে
অনুগ্ৰহ কৰি কেইটামান হাতী আৰু বাঘ পঠিয়াই দিব বুলি স্বীকাৰ কৰিছে। হতভাগ্য
ছাহজাহান! আজি নিশা মই সম্ৰাটৰ ওচৰলৈ নাযাও; আজি সম্ৰাটৰ মহিষী আৰু কিঙ্কৰীৰ সংগ-বিলাসৰ দিন। মোৰ অতীতৰ দুখে মোৰ
হৃদয়ক দগ্ধ কৰি আছে। মই আজি মোৰ দুখৰ কাহিনী মোৰ ওচৰতে কৈ যাম— মইযে আজি মোৰ অচিনাকি বন্ধু! জীৱনৰ
ক্ষণ শেষ নোহোৱালৈকে মই লিখি যাম,
যদিও মই জানো যে, মোৰ
লেখাৰ সমাপ্তি কেতিয়াও নহ'ব....
মই সিদিনা
প্রাসাদৰ ছাদত বহি কৈছিলো যে, মই
পাছদিনা প্ৰিয়তমৰ ওচৰলৈ পত্ৰ লিখিম। মোৰ নাজিৰে (কিঙ্কৰী) মোৰ ওচৰলৈ তেওঁৰ পত্ৰলৈ
আহিছিল। মই পাল্কীত আৰোহণ কৰি দিল্লীৰ ওচৰৰ ভগ্নদুৰ্গৰ দৰে এটি মছজিদৰ ফালে অগ্ৰসৰ
হ'লো। মই জানিছিলো
তাত পৰম শান্তি বিৰাজমান। আশা কম্পিত হৃদয়লৈ মই মছজিদৰ সোপান অতিক্ৰম কৰিলোঁ।
বনফুলৰ তীব্ৰ গোন্ধ মদিৰাই মোক বিভ্ৰান্ত কৰি দিলে। এটি সেউজীয়া চৰাই প্ৰাচীৰৰ
ওপৰত বহি আছিল; সি মোক কৰ্কশ সুৰত অভিবাদন জনালে।
প্রবেশ পথৰ কাষত
হৰিণাৰ চামৰাৰ ওপৰত সমাসীন আছিল এজন সন্ন্যাসী, কাষত দণ্ড, ত্রিশূল।
তেওঁৰ মূৰ শুভ্ৰ উষ্ণীষ দ্বাৰা শোভিত, তেওঁ ধ্যান নিময়। সেই প্রাচীন ঋষিৰ ৰূপ অপরূপ। তেওঁ হিন্দু শৱদেহৰ
মন্ত্ৰ উচ্চাৰণ কৰি আছিল। মন্ত্ৰৰ অৰ্থ আছিল- সিজন নির্বোধ, যিজনে এই মৰদেহৰ আৱৰণত অমৰত্ব যাজ্ঞা কৰে। এই দেহতো শিকামোৰ২৩ বৃক্ষৰ দৰে
ক্ষণভঙ্গুৰ, সমুদ্ৰৰ
ফেনৰাশিৰ দৰে ক্ষণভঙ্গুৰ। সেই সন্ন্যাসীজন দৃষ্টিহীন আছিল। তেওঁৰ ভিক্ষাপাত্ৰত এটি
স্বর্ণমুদ্রা পেলাই দিলোঁ— ভাবিলো, যদি তেওঁ দিব্য চকুত মোৰ ভবিষ্যত দেখিব
পাৰে! সন্ন্যাসীয়ে ক'লে-
আই, তোমাৰ
স্বর্ণখণ্ড তুমি লৈ যোৱা। এইদৰে কৈ মোৰ ফালে হাত প্ৰসাৰিত কৰি ক'লে- তোমাৰ আত্মা তোমাৰ সন্তুষ্টিতকৈও
ডাঙৰ। তুমি কিয় বেলেগ সন্তুষ্টি কামনা কৰা?
মোৰ ভাষা মোৰ
অধৰৰ মাজত বিলীন হৈ গ'ল।
যোগী পুৰুষ গুচি গ'ল-
মোৰ স্বৰ্ণমুদ্ৰাবোৰ তেওঁ পদতলত পেলাই দিলোঁ। সন্তুষ্টি! মোৰ আত্মা সেই বস্তুটোৰ
কাৰণে কিমান লালায়িত। ......
মই কুঁৱাৰ কাষত
বহি দুলেৰাৰ পত্ৰখন পঢ়িলোঁ, প্ৰতিটো
শব্দৰ মাজত তাৰ মহানুভতা ফুটি উঠিছিল— অথচ তেওঁৰ হৃদয়ত আছিল শিশুৰ সাৰল্য। তোমাক অভিনন্দন কৰো, হে মোৰ ৰজা! তোমাৰ মহত্ত্বত তুমি মহীয়ান: তুমি
মোৰ প্ৰাণত অগ্নিৰ পৰশমণি স্পৰ্শ কৰিছা— সমগ্র পৃথিবী যেন এক প্ৰাৰ্থনাৰ সুৰত ভৰি পৰিছে। তুমি মোক দেৱী বুলি
সম্বোধন কৰিছা। তুমি লিখিছা, মই
যদি সংযুক্তা হ'লোহেঁতেন, তুমি পৃথ্বিৰাজ হৈ কণৌজৰ ফালে অভিযান কৰিলাহেঁতেন।
আজি মোৰ সমস্ত পৃথিৱী গোলাপ হৈ ফুলি উঠিছে। তুমি মোক স্মৰণ কৰাই দিছা— সংযুক্তাৰ সেই কথাবোৰ— 'আমি নাৰী, আমি সৰোবৰৰ দৰে; তোমালোক পুৰুষসকলে তাত ৰাজহংসৰ দৰে
সাঁতুৰি ফুৰিছা। নাৰীৰ হৃদয় সৰোবৰৰ পৰা দুৰলৈ আঁতৰি গ'লে পুৰুষৰ আৰু কি অবশিষ্ট থাকে?'
বন্ধু, তোমাৰ পত্ৰই মোক অভিভূত কৰিছে। মোৰ শিৰ
মই তোমাৰ ওচৰত অৱনত কৰিলোঁ। মোৰ শিৰত এটি আশীৰ্বাদৰ মুকুট শোভা পাইছে। সেই শোভাত
গৌৰৱান্বিত হৈ মই মন্দিৰ প্ৰাঙ্গণ ত্যগ কৰি গুচি আহিলো।
প্ৰত্যাৱৰ্ত্তনৰ
বাটত মোৰ বিজয় অভিযান হ'ল।
মই মোৰ পাল্কীৰ অভ্যন্তৰত বহিছিলোঁ। দুকাষত বাদামী ৰঙৰ ঝালৰ দুটা উটৰ পিঠিৰ দুফালে
ওলমি আছিল। উট যুগলৰ কি সুন্দৰ মন্থৰ গতি! সিদিনা বিহংগম মোৰ কাৰণেই গীত গাইছিল।
হৰিণা শিশুবোৰে সুন্দৰ গ্ৰীৱা ভংগী কৰি মোক অভিনন্দন জনাইছিল। অন্তৰীক্ষ, পৃথৱী সকলো যেন মোৰ আনন্দত উল্লসিত।
পথৰ কাযত কেক্টাচ বৃক্ষশ্রেণী, বৃক্ষ
শীৰ্ষত শোভা পাইছিল ৰঙা ফুল। সন্মুখত বেলাবিহীন সমুদ্রৰ দৰে বিশাল ভূ-খণ্ড।
সেউজীয়া বসন্ত বনৰ ওপৰত সুনীল আকাশ অবনত হৈ স্বৰ্ণাভ মকৰাৰ জাল বুইছিল।
সৌৱা দূৰত
বনচ্ছায়াত মই যদি এটি হাজাৰ মিনাৰ সমন্বিত প্রাসাদ ৰচনা কৰি দিব পাৰিলোহেঁতেন— তেনেহ'লে তাৰ লগত নিৰ্মাণ কৰি দিলোহেঁতেন এটি পামিৰা খেজুৰ গছৰ বনপথ-
সীমাহীন অনন্তৰ ফালে।
মনত পৰে, এদিন আমি চাঁদনীচকৰ মাজেৰে পথ অতিক্ৰম
কৰিছিলো, তেতিয়া দৰবাৰৰ
সময় উপস্থিত। পথৰ কাষত বিটপী বীথিৰ মাজেৰে উৎসৱৰ পোচাক পৰিহিত এদল মানুহ গৈ আছিল।
লগত গৈছিল সুসজ্জিত সৈনিক আৰু হাতীৰ দল। বতাহত ভাহি ফুৰিছে কস্তুৰী জাফৰাণ গোন্ধ, অগৰু চন্দনৰ সুবাস; পথৰ কাষৰ বিপণীত শোভা পাইছে উজ্জ্বল
অলংকাৰৰাজি; পশুৰ
গলৰ বিলম্বিত ঘণ্টাধ্বনি কর্ণগোচৰ হৈছে; পথচাৰী নাৰীৰ মণিৱন্ধ আৰু বাহুৰ ৰূপৰ অলংকাৰৰ ৰুণজুন শব্দ কৰ্ণ
প্ৰদেশত প্ৰবেশ কৰিছে; বিচিত্ৰ
বৰণৰ চিলা আকাশত উৰিছে, অৱগুণ্ঠিতা
নাৰীৰ দল গাত গা লগাই বাৰাণ্ডাত থিয় দি আছে— সিহঁতৰ নয়নৰ কৃষ্ণমণি অঙ্গৰ হীৰক আৰু নীলকান্তমণিৰ উজ্জ্বলতা
অতিক্ৰম কৰি গৈছে।
এনেকুৱা আনন্দৰ
দিন মোৰ জীৱনত কেতিয়াবা জানো আহিছে! দৰিদ্রতম পথিকো আজি আনন্দমুখৰ। দৰিদ্ৰসকলতকৈ
আমাৰ জানো বেছি সম্পদ আছে? নাৰীৰ
শিৰত সূর্যালোকত উদ্ভাসিত সৌ জলপূর্ণ তামৰ কলহী সম্ৰাটৰ মুকুটৰ শুভ্ৰমণিখণ্ডতকৈও
সমুজ্জ্বল। নাৰীৰ শুভ্ৰ দন্তৰাজি মোৰ কণ্ঠৰ মুক্তাহাৰৰ দৰে শুভ্ৰ।
ছাজাহানাবাদ
অপুৰ্ব নগৰ। ইয়াত মই নিৰ্মাণ কৰিম এটি বৃহৎ সুন্দৰ পান্থনিবাস – তাৰ লগত তুলনীয় কোনো পান্থনিবাস
হিন্দুস্থানত নাথাকিব। পথিকসকল ইয়ালৈ আহি দেহ মনত পৰিপূৰ্ণ হৈ যাব— মোৰ নাম হিন্দুস্থানত চিৰন্তন হৈ
থাকিব। মই দৰিদ্ৰসকলৰ মাজত বিলাই দিম মোৰ সকলো ধন-সম্পদ।
বিৰামহীন চিন্তাৰ
স্রোত বই চলিছে মোৰ মনে মনে- মই ৰাজপ্রাসাদৰ বিপণীৰ কাষলৈ আহি উট ৰখাবলৈ নিৰ্দেশ
দিলো। সূর্যই যেতিয়া আলো বিতৰণ কৰে– অসংখ্য অণু তেতিয়া মানুহৰ চকুত ধৰা
পৰে। ইয়াত চাঁদনীচ’কৰ
দৰে বিসৰ্পিল বিপণীত ভিৰ কৰিছে অসংখ্য মানুহ- সমগ্ৰ পৃথিবীৰ মানুহ আহি ইয়াত সমবেত
হৈছে, ইয়াতেই
বিভিন্ন পথ আহি মিলিত হৈছে। সৌৱা চোৱা, মানুহ আহিছে জাঞ্জিবাৰ, চিৰিয়া, ইংল্যাণ্ড, হল্যাণ্ড, তুৰস্ক, খোৰাচান, জাবুলিস্তান, চীন, কাবুল, তুর্কীস্থানৰপৰা; আৰু বহু দেশৰ মানুহ। ফলৰ দোকান—ডালিম, বগৰী, তৰমুজ, আঙ্গুৰেৰে উপচি পৰিছে। আজিৰ দিনত সুখ-স্বাচ্ছন্দ্যৰ
কাৰণে মানুহে যি কোনো মূল্য দিব পাৰে। ফুলৰ বিপণীসমূহলৈ চাই ধাৰণা হ'ল, যেন উদ্যান ৰচনা কৰা হৈছে— সহস্ৰ পাত্ৰৰ পৰা যেন ফুলৰ সুবাস বিয়পি পৰিছে। সৌৱা ভোজনালয়ত
তৈয়াৰ হৈছে সুগন্ধি মচলাৰ ভোজন। .... সৌৱা তাত উচ্চকণ্ঠত বিক্রেতাই তাৰ বস্তুৰ
পৰিচয় দিছে। সকলো ঠাইতে মানুহৰ কলৰোল, বিভিন্ন শব্দ যেন এটি মাথোন কবিতাৰ চৰণ। সৌৱা চোৱা, ভাগ্য গণণা কৰা গণক বহি আছে— সিহঁতৰ সন্মুখত ৰৈ আছে বিভিন্ন
ভাগ্যচক্র, জন্মকুণ্ডলী।
সৌৱা চোৱা, গণকে
ৰাশিচক্র আঁকিছে— শংকাকুল
নাৰীক ভাগ্যফল কৈ দিছে— সিহঁতে
সিহঁতৰ কপালৰ লিখন পাঠ শেষ কৰি জনতাৰ মাজত মিহলি হৈ গৈছে। হেৰা তৰুণ, নক্ষত্ৰৰ ভাষাবিদ! কোৱাচোন মোৰ
ভাগ্যত কি লিখা আছে? মোৰ
বাবে আনন্দ নাহিব নেকি ? সৌৱা
আকাশৰ আঁখিয়ে মোৰ কাৰণে মাথোন দুঃখৰেই ইংগিত কৰিছে নেকি ?
সৌৱা চোৱা, আমীৰ, মনচবদাৰ ৰাজদৰবাৰৰ ফালে অগ্ৰসৰ হৈছে। সিহঁতৰ লগত অসংখ্য অনুচৰ গৈছে। কি অপৰূপ সিহঁতৰ
সৈন্যদল! অস্ত্ৰৰ ঝংকাৰ যেন যুদ্ধৰ শব্দহীন সংগীত। দেওয়ান-ই-আমৰ ফালে আৰু
কিমান মানুহ অগ্ৰসৰ হৈছে, পাল্কীৰ
ৰেচমী আৱৰণৰ অন্তৰালত উজ্জ্বলবেশী নৰ্ত্তকীসকল দৃষ্টি গোচৰ হৈছে৷ সৌৱা
কৃষ্ণৰেখাংকিত হাতীৰ দল গৈছে— গলত
ৰূপৰ ঘণ্টা, কাণৰ
কাষত দুলিছে তিব্বতৰ চামৰ, সিহঁতৰ
কাষত আছে সৰু সৰু হাতী শাৱক— যেন
সিহঁত ৰাজ অনুচৰ। মই যেন মোৰ চকুৰ আগত প্ৰত্যক্ষ কৰিছোঁ সেই দৃশ্য।
তাৰ পাছত আহিছে
চিতাবাঘ- তাৰ পাছত গৈছে বংগৰ বাঘ। সিহঁত যে বনৰাজ্যৰ ৰাজদূত। তাৰ পাছত গৈছে চিকাৰী
বাজপাখী— সিহঁত শূন্যৰ
ৰাজ্যৰ ৰাজদূত। সকলোৰে শেষত গৈ আছে উজবেগ দেশৰ কুকুৰ— ডাঙৰ ডাঙৰ পশুবোৰৰ কাষত দুলিছে ক্ষুদ্র
পতাকা। শিঙাৰ শব্দ শুনিছোঁ। কিন্তু আটাইতকৈ সুন্দৰ দেখা গৈছে হৰিণাৰ দল।
এনেকৈ কিমান ছবি
ভাহি ফুৰিছে— মোৰ
চকুৰ আগত, কিন্তু
মোৰ প্ৰিয়তম যুদ্ধান্তে অশ্বাৰোহী বাহিনীৰ পাছত আহিব— মোক তেওঁ প্ৰত্যক্ষ কৰিব— মোক তেওঁ অভিনন্দন জনাব.........
সঁচাকৈয়ে তেওঁ
আহিছিল, তেওঁ যুদ্ধৰ
অশ্বৰ পিঠিৰ পৰা নামি তেতিয়াও ভূমি স্পৰ্শ কৰা নাছিল। অশ্বাৰোহী মৰ্মৰ পুতলাৰ দৰে
বহি আছে— ভীমদৰ্শন অথচ
কোমল। চাৰণৰ সংগীতৰ উন্মাদনাত তেওঁ তেওঁৰ অশ্বক পৰিচালিত কৰি আহিব নোৱাৰে নেকি? মই আৰু কেতিয়াও তেওঁৰ হাত স্পৰ্শ
কৰিব নোৱাৰিম নেকি ? মোৰ
বহুমূল্য মুক্তাহাৰ কণ্ঠৰ পৰা খুলি পেলালো— তাৰ পাছত গজমতিৰ পাতত কেইটামান অক্ষৰ খোদিত কৰি প্ৰিয়তমৰ ওচৰলৈ
পঠিয়াই দিলো। প্রিয়তমে মোক অভিনন্দন জানালে— আৰু বিনম্ৰ অভিজাত ভংগীত তেওঁ বুকুৰ ওপৰত হাত স্থাপন কৰি এটি মুহূর্ত
অপেক্ষা কৰিলে। তাৰ পাছ মুহুর্ততে অশ্বক কশাঘাত কৰি বৰ্শা বাহিনীৰ পশ্চাতত
অন্তৰ্নিহিত হৈ গ'ল।
কিছুদিন সপোনৰ
মাজেদি অতিবাহিত হ'ল— মই অতীতক ওভতাই পালো— কিন্তু এইবাৰ
নতুন আৱেষ্টনীৰ মাজেদি— নতুন
আলোকৰ মাজত৷ মই প্ৰত্যক্ষ কৰিছো, মোৰ উদ্যানৰ কাষেৰে আৰু যমুনাৰ জলধাৰা বৈ নাযায়, সৌৱা দুৰৰ নীলা গগনৰ সীমাৰেখাত মোৰ
নতুন উদ্যান নিৰ্মাণ হৈছে। সম্রাট ছাহজাহানে মোৰ সন্মানত দিল্লীৰ মৰ্মৰ মছজিদ
নিৰ্মাণ কৰাইছিল। মোৰ সেই মছজিদৰ ভগ্ন প্রাঙ্গণ আজি সূৰ্যৰ আলোক ৰেখাৰ লগত মিহলি
হৈ গৈছে।
নীৰৱতা! শুনা, এইবাৰ তোমাক মোৰ এক অবিস্মৰণীয় কাহিনী
ক'ম। গোয়ালিয়ৰ
নিবাসিনী নৰ্ত্তকী গুলৰুখ বাঈ মোৰ নয়নৰ আনন্দৰ কাৰণে এক নতুন নৃত্য আৱিষ্কাৰ
কৰিছিল। সিদিনা তাইৰ সূক্ষ্ম ওড়নাৰ আঁচলত তাই গুজৰাটৰ আঁতৰ লগাই সুগোন্ধ কৰি
লৈছিল। ওড়নাৰ ঝালৰৰ মাজত তাই বাদাম ফুলৰ চুকী বহুৱাইছিল— মোৰ প্ৰদত্ত সকলো অলংকাৰ পিন্ধিছিল— গুলৰুখ মোৰ অত্যন্ত প্রিয় আছিল। মানুহ মৃত্যুৰ
আভাসত দিব্য দৃষ্টি লাভ কৰে নেকি?
নৃত্যৰ অৱসৰত হৰিণীৰ দৰে তাই চঞ্চল হৈ উঠিছিল— গুলৰুখে অতি পুৰণি সংগীতৰ চাৰণ গাইছিল, সেই সংগীতৰ সুৰ আজিও মোৰ কাণত শোকগীতিৰ
দৰে ঝংকৃত হৈ আছেঃ-
ফুলিছিল
মোৰ প্ৰাক্ষণত ৰজনীগন্ধা
সৰিছিল
সুবাসৰ নৱ অলকানন্দা।
প্ৰিয়তম, ভূ-স্বৰ্গৰ প্রাসাদত গুচি গ'লা তুমি,
আকাশৰ
মেঘ আহিছিল তৱ চৰণ চুমি।
লিপি
পঠাইছোঁ তোমালই অহা নাই উত্তৰ,
তথাপি
আশা মোৰ প্ৰাণত জাগিছিল নিৰন্তৰ।
মোৰ
উদ্যানত ফুলিছে আজি কত শত ফুল,
এতিয়াও
শয্যা মোৰ তোমাৰ গোন্ধত হৈ আছে আমোলমোল।
নৃত্য শেষত
গুলৰুখ কক্ষ ত্যাগ কৰি গুচি গ'ল।
মই সুদীৰ্ঘ বাৰাণ্ডা অতিক্ৰম কৰি তাইৰ পশ্চাৎ অনুসৰণ কৰিলো— তাইক মোৰ ধন্যবাদ জনাবলৈ। প্ৰাচীৰৰ কাষত
আছিল ৰঙা নীলা আলোকৰ প্ৰদীপ– প্ৰদীপৰ
বুকুত জ্বলিছিল অগ্নিশিখা। বতাহত আন্দোলিত হৈ এটি আলোক শিখাই তাইৰ সুক্ষ্ম ওড়নাৰ
আঁচল স্পৰ্শ কৰিলে। মুহূৰ্তৰ ভিতৰতে মোৰ ণ্ডলৰুখ— মোৰ মুখৰ ৰক্তিমাৰ দৰে গুলৰুথ- অগ্নি পৰিবেষ্টিতা হৈ পৰিল, ভীত আৰ্ত গুলৰুখ দৌৰি পলাল– যিদৰে দাবানলৰ সময়ত বনৰ হৰিণী দৌৰি
পলায়। ময়ো দৌৰি গ'লো, এইবাৰ আমি আহি প্রাসাদৰ উন্মুক্ত
প্রাঙ্গণত উপস্থিত হ'লো।
মোৰ বসনৰ আঁচল দলিয়াই দিলোঁ তাৰ অগ্নিশিখাৰ ওপৰত- মোৰ সূক্ষ্ম মসৃণ বসন মুহূৰ্তৰ
ভিতৰত অগ্নিশিখাত জ্বলি উঠিল— আমি
দুজন অগ্নিৰ মাজত থিয় দি ৰ'লো।
তেতিয়া
দেওয়ান-ই-খাচত অধিবেশন চলি আছিল। চিঞৰি মাতিলে হয়তো কোনোবাই আমাৰ সাহায্যৰ কাৰণে আহিব।
কিন্তু তেওঁ আহিবনে? মোৰ প্ৰিয়তম দৰবাৰত আছিল—“ মোৰ বিপৰ্যন্ত বসনাবৃত শৰীৰ তেওঁৰ
দৃষ্টিপথত ধৰা দিব নেকি? তেওঁ
জানো মোক স্পৰ্শ কৰিব? নে তেওঁৰ চকুৰ সন্মুখত বেলেগ কোনোবা মানুহৰ হাতে
মোক স্পৰ্শ কৰিব- আৰু তেওঁ হ'ব
সেই অসহায় দৃশ্যৰ নীৰৱ সাক্ষী?
লাজত মই ৰক্তিম হৈ উঠিলো— সেই ৰক্তিমা অগ্নিশিখাতকৈও উষ্ণ, মই কিন্তু তথাপি নীৰৱে ৰৈ থাকিলো।
সিদিনা মোৰ শৰীৰ
দগ্ধ হৈ গৈছিল। মই বহুদিন শয্যাশায়ী হৈ আছিলো। ঔৰঙ্গজেৱৰ লগত মোৰ প্ৰিয়তম
দাক্ষিণাত্যলৈ যুদ্ধ কৰিবলৈ গৈছিল। ৰাখীৰ পৰিবৰ্ত্তে প্রিয়তমে মোক এটি কাঁচুলী২৪ পঠাইছিল। সেই
সোণালী কাঁচুলীৰ প্ৰচ্ছদ ভাগ আছিল—
ঘন ৰঙা ৰেচমেৰে তৈয়াৰী পদ্মৰাগ মণি-মুক্তা হীৰাখচিত, প্রবাল মিহলি। সেয়েহে সেই দানৰ মৰ্যদা
ৰক্ষাৰ কাৰণে মই তেওঁক পত্ৰ লিখিছিলো— মোৰ ৰাখীবন্ধন ভ্ৰাতাই যদি তেওঁৰ ভগ্নীৰ প্ৰতি অনুগ্ৰহ কৰি হাতীদাঁতৰ
ওপৰত অংকিত ছবি উপহাৰ দিয়ে, তেওঁৰ
ভগ্নী খুউব আনন্দিত হ'ব।
সম্রাট ছাহজাহানেও জানিছিল যে, তেওঁৰ
কন্যাই তেওঁৰ অন্যতম শ্রেষ্ঠ সামন্ত বন্ধুৰ ওচৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেৱোঁ এটি
প্রয়োজনীয় পত্র লেখিছিল— সেই
পত্ৰ ছদ্মবেশী দূতৰ হাতত ঔৰঙ্গাজেৱৰ শিবিৰলৈ পঠাইছিল।
দিন পাৰ হ'ল— বহু দিন পাছত পত্ৰৰ উত্তৰ আহিল। মই পত্ৰ খুলি দেখিলো— শিখিল হস্তলিপি, মই পত্ৰ পঢ়ি আচৰিত হৈ গ'লো— হিমালয়ে স্থান পৰিৱৰ্ত্তন কৰিছে নেকি? পশ্চিম গগণত সূর্য উদয় হৈছে নেকি? কোনো প্রেতে মোৰ পিয়তমক আশ্ৰয় কৰিছে
নেকি ? পত্ৰখন ক্ষুদ্র, কিন্তু খুবেই বীৰত্ব ব্যঞ্জক— হিমশীতল তাৰ সুৰ। সেই পত্ৰখনে মোৰ হৃদয়ৰ গতি স্তব্ধ কৰি দিলে। সমস্ত দিবা-নিশা
তেওঁ কৰ্তব্য সম্পাদনত ইমানেই ব্যস্ত নেকি যে তেওঁ মনে বিচৰা ধৰণে তেওঁৰ হৃদয়ৰ
কথাবোৰ সজোৱাৰো সময় নাই? শেষৰ
শাৰীত লিখা আছিলঃ-
মোগল ৰাজকুমাৰীৰ
আলেখ্য সংগ্ৰহৰ মাজত চৌহান ৰাজপুতৰ চিত্ৰপট শোভা পাব নোৱাৰে।
মোৰ সকলো আনন্দ
এক মুহূৰ্তৰ ভিতৰত নিঃশেষ হৈ গ'ল। “খোৰাচানৰ অশ্ৰু” কাব্যত কবি আনোৱাৰে লিখিছিলঃ-
আৰম্ভ হ'ল মোৰ চিঠি অন্তৰৰ বেদনা সামৰি
শেষ হ'ল চিঠি মোৰ অন্তৰত আঘাত কৰি।
মোৰ এনেকুৱা
ধাৰণা হ'ল, যেন মোৰ অন্তৰখনি পুৰি ভস্ম হৈ গ'ল। কাৰোবাৰ ওচৰত তেওঁ মোৰ কিবা নিন্দা
শুনিছে নেকি ? তেওঁ
কিয় সেই নিন্দা বিশ্বাস কৰিছে?
প্রিয়তম, সহস্ৰ
সাধু আহি যদি মোক তোমাৰ বিৰুদ্ধে ক'লেহেঁতেন, মই একো বিশ্বাস নকৰিলোহেঁতেন— যেতিয়ালৈকে তোমাৰ মুখত সেই কথা
নুশুনিলোহেঁতেন। ঔৰঙ্গজেৱ আৰু ভগ্নী ৰোশেনাৰাৰ মুখত তুমি কিবা শুনিছা নেকি? সিহঁত যে দাৰাৰ শত্ৰু- মোৰ শত্ৰু। মই
জানো আমি আমাৰ সেই সৰ্বশ্ৰেষ্ঠ আশ্ৰয় হেৰাইছো— আমাৰ সেই আশ্রয় আছিল চৌহান বংশ; বুন্দীৰ ৰাজবংশ ভাৰতৰ শ্রেষ্ঠ বীৰবংশ। তোমাৰ নামত কোনো কলংক নাই, তোমাৰ কল্যাণ দৃষ্টিত সকলো আপদ দূৰ হৈ
যায়।
এইদৰে মই শত শত
প্ৰশ্ন কৰিলো, কিন্তু
কোনো উত্তৰ নাপালো। মই মোৰ কৰপল্লৱ দংশন কৰিলো। মোৰ মনত পৰে ক'লা মেঘৰ ডম্বৰু ধ্বনি— সেই ধ্বনিত আছিল সহস্র দামামাৰ ৰুদ্ধ
সুৰ। আকাশত কিবা শ্মশান যাত্ৰাৰ কলৰোল উঠিছে নেকি ? কোনো স্বৰ্গ শিশুৰ মৃত্যু হৈছে নেকি ? সৌৱা চোৱা, মুষলধাৰে
বাৰিপাত হৈছে। তাৰ পাছত বিদ্যুৎ চমকিছে— বিদ্যুৎ শিখাই ক'লা
মেঘখণ্ডক দ্বিখণ্ডিত কৰি দিলে, মই
বিৰাট ছেদ চিহ্ন দেখিবলৈ পালো, মোৰ
দুখৰ প্ৰাচীৰৰ মাজেৰে এটি শব্দ ভাহি আহিছে— সেই শব্দ অতলস্পর্শী.......
সেই অতলস্পর্শী
শব্দ ভেদ কৰি নৃত্য চলিছে। মোৰ মহলত নিশা আগমনৰ লগে লগে শত শত প্রদীপ জ্বলি উঠিল— মোৰ প্ৰকোষ্ঠত স্বর্ণখচিত যৱনিকা
প্ৰসাৰিত হৈছে; বাঁহী, বীণা, কৰতালৰ ৰোল সমগ্ৰ ৰজনী ব্যাপী চলিছে। সকলো বস্তুই ভগবানৰ দান নহয় নে
বাৰু— এই দুখতো তেওঁৰে
দান ? এয়াই প্ৰমাণ
কৰিছো যে, মই
ভগবানক পৰিত্যাগ কৰিও জীয়াই থাকিব পাৰো। বাদ্যকাৰসকলক আদেশ দিলো— আৰু ধুমুহাৰ গতিত বাদ্য বজোৱা। বাঘৰ দৰে দ্রুত পদক্ষেপত
মই ছন্দহীন গতিত দৌৰিছোঁ। মোৰ চিন্তাৰ মাজত আছিল এক প্ৰৱল
প্ৰতিদ্বন্দ্বীতাৰ ভাৱ। কৰতালৰ ধ্বনি শান্ত হৈ গ'ল- ঝংকাৰৰ ৰেশ তেতিয়াও বতাহত ভাহি আছিল। মই নিশা ভ্ৰমণকাৰীৰ দৰে
মোৰ নিজৰ অগোচৰে দলিচা অতিক্ৰম কৰি গুচি আহিলো। ফিৰোজশ্বাহৰ পয়োধৰৰ কলধ্বনি
শুনিবলৈ পাইছো— বেলেগ
একো নহয়।
মই আগবাঢ়িছো— আগবাঢ়িয়ে আছোঁ, হঠাৎ মই শিলৰ ওপৰত মোৰ দেহ বিন্যস্ত
কৰিলো- মই নিঃশব্দ, কোনোবাই
যেন আহি মোক তুলি নিলে, মোৰ
বুকুৰ ভিতৰত মোৰ হৃদয় কাঁচৰ দৰে চূৰ্ণ হৈ গ'ল।
তোমাক মই লেখিছিলো বহু পত্র
উভতি অহা নাই আজিও এটি ছত্র
আজি নিশা ফুলিছে ৰজনীগন্ধা মোৰ বনে,
বিয়পি গৈছে গোন্ধ তেওঁৰ মোৰ দেহ
মনে।
এদিনাখন দৰবাৰত
খুব কলৰোল উঠিছিল। দুলেৰাৰ কাৰণে ভাবিম! বিপুলস্কন্দ ক্ষীণ কটি দুলেৰাৰ কাৰণে ভাবিম ? সি যে এজনী নৰ্ত্তকীৰ সন্তান২৫
তাৰ কাৰণে মোৰ কি আহে যায় ? তেওঁৰ বৰ্ষাৰ সুৰৰ দৰে বসন্ত সংগীত আৰু
মৃগ নয়নে মোক এটা সময়ত বিভ্ৰান্ত কৰিছিল। ছাহজাহানৰ প্ৰিয়তমা কন্যা জাহানাৰাই
যি ইচ্ছা তাকেই কৰিব পাৰে। এই সাম্ৰাজ্যৰ ভিতৰত কাৰ ক্ষমতা আছে যে, সম্রাট দুহিতা জাহানাৰাৰ বিৰুদ্ধে এটি
শব্দ উচ্চাৰণ কৰিব পাৰে? দিল্লীৰ শ্ৰেষ্ঠ গায়কক মোৰ কৃপাদান কৰি কৃতাৰ্থ
কৰিলো— তাক দৰবাৰৰ
ভূষণেৰে ভূষিত কৰিলো। মোগল ৰাজকুমাৰীয়ে আজি হিন্দুৰ দীনতম সন্তানক সেই বস্তু দিলে
যাক ভাৰতৰ বৰেণ্যতম সন্তানে প্রত্যাখান কৰিছে। মই আৰু ভাবিৰপৰা নাই। উঃ কি
নির্মম! পৃথিবীৰ নিশ্বাস ইমান উষ্ণ!
এদিনাখন মোৰ
অনুগৃহীত গায়ক, অশ্বাৰোহী পদাতিক বাহিনীলৈ পতাকা উৰুৱাই প্রাসাদলৈ আহিছিল। বাটত
তেওঁৰ লগত সাক্ষাৎ হৈছিল সম্রাট জাহাংগীৰৰ অন্যতম বিখ্যাত সেনাপতি মহবৎ খাঁৰ লগত।
মহবৎ খাঁ ৰাণা প্রতাপৰ ভ্রাতুষ্পুত্র, তেওঁ দেশদ্রোহী, ধর্মদ্রোহী।
মহবৎ খাঁ দৰবাৰৰ ফালে অগ্ৰসৰ হৈছিল। আমীৰ মহবৎ খাঁৰ অনুচৰৰ লগত বাটত গায়কৰ অনুচৰৰ
কলহ আৰম্ভ হ'ল— মহবৎ খাঁ দাৰাৰ ওপৰত অসন্তুষ্ট আছিল, এইবাৰ এই নতুন বিষয়লৈ মোৰ ওপৰত ৰুষ্ট
হ'ল। মহবৎ খাঁ
দৰবাৰত প্ৰবেশ কৰিলে- তেওঁৰ কোনো পতাকা নাছিল। সম্রাটে সুধিলে- পতাকা ক'ত? মহবৎ খাঁই উত্তৰ দিলে- প্রয়োজন নাই। কাৰণ গায়কে দৰবাৰত পতাকালৈ
প্ৰৱেশৰ অধিকাৰ পাইছে, গতিকে
আমীৰৰ পতাকাৰ প্ৰয়োজন নাই। সম্ৰাটে আদেশ দিলে- গায়কৰো পতাকাৰ প্ৰয়োজন নাই। মই
বুজিলোঁ, ৰাজ দৰবাৰত আমাৰ
বহু শত্ৰু, ঔৰঙ্গজেৱৰ
অসংখ্য মিত্র। যুৱৰাজ দাৰা আছিল স্বভাৱতঃ গর্বিত মনা, তেওঁৰ ব্যংগোক্তিবোৰে বহু সময়ত
মহৎলোকৰ সন্মান ৰাখিব নোৱাৰিছিল। আৰু সম্রাট ছাহজাহান আছিল বিশেষভাবে অন্তঃপুৰ বিলাসী।
ষষ্ঠ স্তৱক
(কেইটামান
পৃষ্ঠা পোৱা যোৱা নাই )
---
----- ------ ------
আৰু এদিন দুলেৰা
ৰাজপ্রাসাদলৈ আহিছিল, মহবৎ
খাঁও দৰবাৰলৈ আহিছিল সিদিনা। তেওঁলোক দুয়োৰো সাক্ষাৎ হ'ল, মহবৎ খাঁ বিৰূপ হৈ উঠিল। তেওঁ দুলেৰাক ক'লে- এজন সামান্য গায়ক! তাৰ কি
প্রয়োজন আছিল পতাকা আৰু অনুচৰৰ?
যেতিয়া এগৰাকী মহাজন ব্যক্তি খোজ কাঢ়ি যায়, মানুহে তেতিয়া বাট এৰি দিয়ে, কিন্তু এতিয়া দিল্লীৰ গায়কৰ কাৰণে
বাট এৰি দিব লাগিব নেকি ?
কথাটো শুনি লাজত
মোৰ শিৰ নত হৈ গ'ল– মই মোৰ অন্তেষপুৰত আশ্ৰয় ল'লো। অতি দীন ভিক্ষুণীৰ দৰে মই নিভৃত
গৃহকোণত নিজক লুকুৱাই ৰাখিলো। ময়ো এদিন মোৰ পিতা, সম্রাট ছাহজাহানৰ নয়ন-মণি আছিলো, নুৰজাহান আৰু তাজ বেগমৰ দৰেই মই সাম্রাজ্য শাসন কৰিব পাৰিলোহেঁতেন।
কিন্তু নিষাদ-ৰাজ নলৰ দৰে অথবা অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ দৰে মোৰ স্বামী নাছিল। মোৰ
আছিল প্রিয়তম; তেওঁৰ
আভিজাত্য আছিল বাদচাহ বেগমৰ ঐশ্বৰ্যৰ ম্লানদীপ্তি।
মই মোৰ বসন
ছিন্ন কৰি পেলালো। মোৰ সহোদৰ দাৰাও ৰাণাদিলক ভাল পাইছিল, ৰাণাদিল দিল্লীৰ বিপণীত পথচাৰিণী
নৰ্ত্তকী আছিল; সম্রাট
ছাহজাহান ৰাণাদিলৰ লগত দাৰাৰ বিবাহৰ সন্মতি দিছিল। ৰাণাদিল সম্রাট আকবৰৰ প্রপৌত্রী২৬ নাদিৰা বেগমৰ
সপত্নী হোৱাৰ অধিকাৰ পাইছিল। ৰাণাদিলৰ পাল্কী ৰাজপথত কেতিয়াও অৱৰোধ কৰা হোৱা
নাছিল, কাৰণ দাৰাই তাইক
ভাল পাইছিল।
শোকার্তভাবে
গৃহকোণত বহি মই মাথোন আকাশ-পাতাল ভাবিছো— চিন্তাৰ শেষ নাই। অভিমানিনী জাহানাৰা বেগম! তোমাৰ প্ৰাণ যদি উপবাসী
নহ'লহেতেন.....
লজ্জাশীলা জাহানাৰা, যদি
আজি তুমি ক্ষোভ অভিমানত তোমাৰ গায়কক পৃথিবীৰ চকুত সন্মানিত কৰিবলৈ চেষ্টা
নকৰিলাহেঁতেন..... মোৰ বিক্ষিপ্ত বসনাঞ্চল সাৱটিলৈ দুৱাৰ মুখৰ ফালে অগ্ৰসৰ হ'লো।
মই দেখিছো— উদ্যানৰ মালাকাৰ দিনৰ কামৰ অন্তত
চাইপ্ৰাছ বাঁধিৰ কাষেৰে গৃহাভিমুখে ৰাওণা হৈছে। তাৰ একমাত্ৰ পত্নীয়ে আজি প্ৰথম
পুত্ৰ সন্তানৰ জননী হৈছে। কি গৌৰৱ আজি এই নাৰীৰ! এই সামান্যা নাৰীৰো এখন ৰাজ্য আছে— সেই ৰাজ্যত আছে অজস্র ফুল-ফল, কাৰণ তাইৰ স্বামী আছে, তাইৰ প্ৰিয়তম আছে; তাইৰ সন্তান আছে— সন্তানযে তাইৰ ভবিষ্যতৰ আশা।
কি দীন এই
দুঃখিনী বাদচাহ বেগম! তাইৰ বিবাহ বসন আজি শতচ্ছিন্ন হৈ গৈছে।
মোৰ চকুৰে অজস্ৰ
অশ্রু বন্যা বইছে। আজি মানস চকুত এটি দৃশ্য প্রত্যক্ষ কৰিছো— উৰ্দ্ধৰ নক্ষত্র খচিত নীলা আকাশ মোৰ
বিবাহ বাসৰৰ চন্দ্ৰাতপ। মোৰ এজন অশৰীৰি দৰা আহিছে। মৃদু বতাহে মোৰ মুখত চুম্বন কৰিছে— কৈছে, হেৰা, তোমাৰ
প্ৰিয়তম আহিছে। বহুদূৰৰ পৰা সংগীতৰ সুৰ ভাহি আহি আৰ্দ্ৰ মৃদু সুৰত কৈছে- হেৰা, তোমাৰ প্ৰিয়তম আহিছে। সমুদ্রতলত
শামুকৰ মুকুতাৰ নীৰৱ সংগীতৰ দৰে এটি ধ্বনি মোৰ কাণত বাজিছে— এই সংগীতে পৃথিবীৰ প্ৰথম অভিজ্ঞতা।
স্থান-কাল মোৰ
নিঃশেষ হৈ গৈছে। প্ৰাচীৰৰ গাত থকা দুৱাৰৰ ওপৰত মোৰ মূৰ ন্যস্ত কৰিলো, আকাশৰ তৰাৰ ফালে মোৰ দৃষ্টি নিৱন্ধ
আছিল, কেতিয়া নিদ্ৰা
আহি শান্তি বাৰি সিঞ্চন কৰিলে নাজানো।
মই বেগম
নুৰজাহানৰ জেছমিন প্রাসাদৰ কক্ষত বহি আছিলো– বৰ্ষাৰ শ্রান্তিহীন বর্ষণ চলিছে, সীমাহীন ধূসৰ আকাশত মেঘখণ্ড অৱগুণ্ঠনৰ স্ৰোতৰ দৰে উৰি ফুৰিছে— বন্যাধাৰাই যেন মানুহৰ দৃষ্টি পথৰপৰা
আকাশ অৱৰুদ্ধ কৰি ৰাখিছে। পৃথিবীৰ বুকুৰপৰা যেন সমগ্ৰ জীৱনী শক্তি উটুৱাই লৈ যাব।
সৌৱা চোৱা, আকাশ
আৱৰণ মুক্ত হ'ল, প্রাসাদৰ অন্তৰ ভেদ কৰি এটি গভীৰ
নিশ্বাসৰ শব্দ ভাহি গৈছে। বতাহৰ সুৰ আছিল কৰুণ শোকার্ত, তাৰ পাছত সেই সুৰ তীব্ৰ হ'ল, অৱশেষত সেই সুৰ আৰ্তনাদ কৰি প্ৰান্তৰ অতিক্ৰম কৰি গ'ল। মই দেখিলো, যমুনাৰ জলতৰংগ আৱৰ্ত্তৰ বেগত দুৰ্নিবাৰ
হৈ উঠিছে; ঝঞ্জাৰ
বেগত আহিছে অতীত স্মৃতি।
বলখৰ ৰাজবংশৰ
সন্তান নজবৎ খাঁ, তেওঁৰ
বীৰত্বৰ খ্যাতি আছিল।এটা সময়ত অন্তেষপুৰত সম্রাট ছাহজাহানৰ জীৱনৰ সীমা দীৰ্ঘতৰ
হোৱাৰ বিপৰীতে দেওয়ান-ই-আমত তেওঁৰ সকলো সভাৰ অধিৱেশনৰ সীমা হ্ৰস্বতৰ হৈ আহিছিল। মই
তেতিয়া সম্ৰাটৰ পৰিবৰ্ত্তে সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ব্যক্তিসকলৰ লগত ৰাজকার্য আলোচনা
কৰিছিলো। এনেকি নজবৎ খাঁৰ লগতো ৰাজকার্য আলোচনা কৰিছো- বলখৰ ৰজাৰ বিৰুদ্ধে যুদ্ধৰ
বিষয়েও তেওঁৰ লগত আলোচনা কৰিছোঁ।
আজিৰ দৰে আৰু
এদিনৰ ছাহজাহানাবাদৰ কথা মনত পৰিছে। মই জুম্মা মছজিদৰপৰা পাল্কীত মোৰ প্রাসাদলৈ
উভতি আহি আছিলো, মই
প্রার্থনা কৰিবলৈ চেষ্টা কৰিছিলো—
কিন্তু পৰা নাছিলো। মই ভিক্ষা দান কৰিছিলো, কিন্তু সেই ভিক্ষা ধূলিত পৰিণত হৈছিল।
মোৰ অন্তৰ অশান্ত, শূন্য— সেয়ে মোৰ হাতৰ দানৰ মাজত আশীৰ্বাদ
নাছিল।
মোৰ উদ্যানত
লতাগুস্মৰ অন্তৰালত বহু গোলাপ ফুলিছিল, কেইটামান পদুমৰ কলি ভাঙি পৰিছিল। মই মোৰ বিছনাত শুই আছিলো, কিন্তু বিশ্রাম ল'বপৰা নাছিলো। মোৰ ইচ্ছা জাগিছিল, যদি এটুকুৰা শীতল শিলত মূৰ থৈ শুৱ
পাৰিলোহেঁতেন। পৃথিৱীৰ সমগ্ৰ আলোক আজি চিৰদিনৰ কাৰণে নুমাই গৈছে নেকি ? মই বাহিৰত ৰাস্তাৰ ওপৰত অশ্ব পদধ্বনি
শুনিলো। মোৰ সহোদৰ দাৰা অশ্বৰ পিঠিত উঠি আহিছিল। তৰুণ যুৱকৰ দৰে উদ্ভাসিত মুখত
দাৰা আহি মোৰ সন্মুখত থিয় হ'ল— তেওঁৰ সমগ্ৰ শৰীৰেৰে জলধাৰা বৈ আছিল। তেওঁ
মোক প্ৰশ্ন কৰিলে, মই
নজবৎ খাঁক বিয়া কৰাম নেকি ? সম্রাট
বিলাস ব্যসনত ব্যস্ত— তেওঁৰ
অসন্মতি দিয়াৰ অৱসৰ ক'ত?
কিছুদিনৰ ভিতৰতে
দাৰা সিংহাসনত আৰোহণ কৰিব। নজবৎ খাই হ'ব ৰাষ্ট্ৰৰ প্ৰধান আশ্রয়। যুৱৰাজ দাৰাই ক'লে যে, আজি ব্যাতিয়ে তেওঁ এই বিষয়ে সম্ৰাটৰ লগত আলোচনা কৰিব। মই দেখিলোঁ, মোৰ সন্মুখত সেই বীৰ সেনাপতি থিয় হৈ
আছে— যেন বিশাল
বনানিৰ অভ্যন্তৰৰ বৃক্ষৰাজিৰ মাজত উন্নততম বৃক্ষডাল থিয় হৈ আছে। ৰাজ তেজৰ চিহ্ন
তেওঁৰ সময় দেহত উদ্ভাসিত। তাৰ পাছত প্ৰত্যক্ষ কৰিলো, দুলেৰাৰ কমনীয় কান্তি, মুখত সস্মিত হাঁহি; সেই কাৰণেই দুলেৰা মোৰ ওচৰত ইমান প্রিয়—“সেই হাঁহি অদ্বিতীয়। তেওঁৰ সংগীতৰ সুৰ
ভাহি আহি আছিল, যেনেকৈ
সূর্যালোকৰপৰা নৃত্যৰ ছন্দ ভাহি আহে।
জীৱনত বহু খেল
খেলিছোঁ, খেলত মোৰ ৰুচি
নাই; মই যদি কোনোবা
বিৰাট ৰাজবংশক আশ্রয় কৰোঁ- জাহানাৰা বেগমৰ গৌৰৱবিটপী ছাঁয়াবিহীন হ'ব নেকি?
মই মোৰ সহোদৰৰ
ফালে দৃষ্টি নিক্ষেপ কৰিলো- তেওঁ নিৰুত্তৰ; মাথোন উচ্চকণ্ঠত হাঁহি উঠিল।
অৱশেষত ক'লে- মই আজি সন্ধিয়া পিতাৰ ওচৰত নজৰতৰ
লগত তোমাৰ বিবাহৰ প্ৰস্তাৱৰ ৰাখিম- এইদৰে কৈয়ে উত্তৰৰ অপেক্ষা নকৰি দাৰা গুচি গ'ল।
সন্ধিয়া সমাগত, মই আপাদমস্তক ঘন ক'লা বোৰখাৰ আৱৰণত ঢাকি লোকচক্ষুৰ অগোচৰে
ৰাজপ্রাসাদৰ ফালে অগ্ৰসৰ হ'লো।
মই হঠাৎ হায়াৎ-বক্স বাগৰ২৭ মাজেৰে পথ অতিক্ৰম কৰিবলৈ ধৰিলো। অমৰাৱতীৰ দেশত নন্দনকাননৰ মাজেৰে গৈ
আছোঁ— আজিৰ দৰে
এনেকুৱা ফুলৰ উৎসৱ মই কোনোদিনে প্রত্যক্ষ কৰা নাই। অস্তগামী সূৰ্যৰ শেষ ৰশ্মি
ৰেখাৰ উজ্জ্বলতাত বৰ্ষণমুখৰ মেঘৰ চপৰাবোৰ আৰু উজ্জ্বলতৰ হৈ উঠিছে। ৰঙা আলোকৰ শিখা
মৰ্মৰ প্রাসাদ আৰু শিলা-প্রাঙ্গণক অপৰূপ সৌন্দর্যমণ্ডিত কৰি তুলিছে। ৰঙা-নীলা আভাৰ
মাজত ৰক্তমুখী কুসুম পল্লৱ ফুটি উঠিছে; ক'লাৱতী
ৰঙা আভা সিঁচৰতি কৰি দিছে। ৰাশি ৰাশি গোলাপ অন্তৰৰ জুইত ৰক্তিম হৈ উঠিছে; গোলাপ তাৰ সুবাস সিঁচৰতি কৰি দেৱতাৰ
শেষ পূজাত অৰ্ঘ্য সজাই দিছে। অস্তগামী সূৰ্যৰ ম্লান ৰশ্মিক স্পৰ্শ কৰাৰ কাৰণে নদীৰ
পানীয়ে আকুল আবেগত হাত দাঙি ইংগিত কৰিছে। সুবর্ণমণ্ডিত শিৱিৰ শীৰ্ষত জলকণা
নীলাকাশৰ প্ৰচ্ছদপটত আৰু উজ্জ্বল হৈ উঠিছে।
আলোকে মোক
বিভ্ৰান্ত কৰি দিছে, মদিৰ
সুবাসে মোক অচেতন কৰিছে— মই
দ্ৰুত গতিত নেমুটেঙাৰ বাগানত প্ৰৱেশ কৰিলো। ছাঁৰ অন্তৰালত থকা প্ৰস্তৰখণ্ডৰ ওপৰত
বহি পৰিলো। তীব্ৰ যন্ত্ৰণাৰ দহনত মই সম্বিৎ হেৰুৱাই পেলালো। মই নজবৎ খাঁৰ পৰিণীতা
হ'ম! যাক মই ভাল
নাপাওঁ, সাম্ৰাজ্যৰ
প্ৰয়োজনত তাৰ আদেশ বহন কৰি ফুৰিম?
....এতিয়াও মোৰ মনত পৰে তাৰ কুটিল দৃষ্টি— যেতিয়া সি বলখৰ ৰাজ্যৰ কথা কৈছিল- সেই সময়ৰ দৃষ্টি। মোৰ মনত
বিদ্যুৎ প্রবাহ খেলি গ'ল।
সি যেন দুটা বিভিন্ন সুৰত কথা কৈছিল— এটা শান্ত মিঠা কণ্ঠ,
আনটো গম্ভীৰ ভয়াৰ্ত। নজবং খাই কৈছিল- যদি মই বলখৰ অধীশ্বৰ হওঁ.... তেতিয়া
ৰাজকুমাৰী হ'ব......
মোৰ মনত মুহুৰ্ত্তৰ বাবে নতুন স্রোত বৈ গ'ল, হয়, ৰাজকুমাৰী জাহানাৰা হ'ব
নজবতৰ... ? এইদৰে
বহু কথা ভাবিলো।
দেওয়ান-ই-আমৰ
পৰা সংগীতৰ সুৰ ভাহি আহি আছিল, এটি
বিৰাট ঢেউৰ দৰে সেই সংগীতৰ সুৰ ভাহি আহিল— সংগীতৰ তালে তালে ময়ো যেন ভাহি যাবলৈ ধৰিলো। মই আনন্দ ৰথেৰে উৰ্দ্ধ
আকাশলৈ উঠিলো, তাৰ
পাছত দুঃখৰ উপত্যকাত নিমজ্জিত হ'লোঁ।
এটি ধ্বনিয়ে সমগ্র শূন্যক দ্বিখণ্ডিত কৰি দিলে, মোক যেন ছুৰিকাঘাতত বিদ্ধ কৰিলে। এই ব্যথা মোৰ অচিনাকি নহয়। এই
ব্যথা মই আৰু এবাৰ অনুভৱ কৰিছিলো,
যিদিনা মই ৰাখীবন্ধন ভাইৰ কাৰণে সাগ্রহে অপেক্ষা কৰিছিলো আৰু
কোনোদিন কৰা নাই; অন্ততঃ তেনেকুৱা অনুভৱ কৰা নাই।
মোৰ ধাৰণা হ'ল- কোনোবা
এজনে যেন কথা কৈছে, আৰু
আটায়ে ক্রন্দন কৰিছে। যিজনে কথা কৈছিল— সি যেন স্বপ্নৰ আৱেশত আচ্ছন্ন। মোৰ প্ৰদত্ত ৰাখীৰ কোনো প্রয়োজন আছে নেকি তেওঁৰ ওচৰত ? সেই ৰাখী হয়তো
আজি বেলেগ কোনোবা বাহুত বেষ্টন কৰি আছে। মই পুৰণি মছজিদত বহি যি পত্ৰ পঢ়িছিলো— তাৰ অৰ্থ কি ? মনত পৰিছে তেতিয়া এটি অজ্ঞাতনামা
চৰাইয়ে অশুভ ধ্বনি কৰিছিল— প্ৰাচীৰৰ
ওপৰত বহি। মই কিন্তু পৰিতৃপ্ত আছিলো— মোৰ জীৱন তেতিয়া আনন্দৰ সংগীতত সুৰ
দিছিল। মোৰ সমগ্ৰ দেহ-মন পুষ্পোদ্যান হৈ উঠিছিল।
মই আকাশৰ ফালে
বাহুদ্বয় প্ৰসাৰিত কৰিলো— দুখন
বাহুৰ মাজত কি বিৰাট শূন্যতা! মোৰ হৃদয়ৰ লগত মেৰিয়াই ৰখাৰ দৰে কোনো বস্তুই
নাপালো, মোৰ অশান্ত
হৃদয়ক শান্ত কৰিবলৈ কোনো বস্তু হৃদয়ত ৰাখিব নোৱাৰিলো। মাকে সন্তানৰ কাৰণে ত্যাগ
কৰে, তাতে তাইৰ আনন্দ; সেই ত্যাগ যদি নিষ্ফল হয়, তেনেহ'লে সেই ত্যাগ হৈ উঠে বিৰাট বোজা।
পতিহীনা
নাৰীৰ জীৱন, সূৰ্যবিহীন
দিৱসৰ দৰে......।
দেওয়ান-ই-আমৰ
সংগীত উদ্দাম হৈ উঠিল। মোৰ হৃদয়ো উদ্দামতৰ হৈ উঠিল। মনুষ্যত্বৰ অপমানকাৰী
ঔৰঙ্গজেৱৰ অধীনত যিজনে ৰাজ্য পৰিচালনা কৰে, তাৰ ওচৰত আকবৰৰ ৰাষ্ট্ৰধাৰাৰ মূল্য ক'ত? – কোনো মূল্য নাই। সকলোৱে চৌহান কুলতিলক— মেৱাৰৰ ৰাণা প্রতাপ সিংহৰ মহিমা পাহৰি
গৈছে, যেনেকৈ তেওঁ মোক
পাহৰি গৈছে— মোক
ত্যাগ কৰিছে? তেওঁতো
মোক তেওঁৰ সংযুক্তা নামেৰে সম্বোধন কৰিছিল.......?
গভীৰ
শোকোচ্ছ্বাসে মোৰ মন ওপচাই পেলালে,
বাঁহীৰ কৰুণ তান, কৰতালৰ
কলৰোলৰ সন্মিলিত সুৰে মোৰ কৰ্ণকুহৰ ৰুদ্ধ কৰি দিলে। সৌৱা দূৰৰ দিক্চক্রবালত
সূৰ্যাস্তৰ ৰক্তিম আভা। ধাৰণা হ'ল, এখন তেজৰঞ্জিত বিৰাট বস্ত্ৰখণ্ড সমগ্ৰ
আকাশত বিয়পি আছে।
মোৰ ৰাখীবন্ধন
ভ্ৰাতাৰ দেওয়ান-ই-খাচৰ পৰা প্ৰত্যাৱৰ্তনৰ সময় হৈছে; মই এটি গোপন পথত মোৰ মহলৰ কাষত তেওঁৰ
লগত সাক্ষাৎ কৰিম। যিমানদূৰ সম্ভৱ সোনকালে মোৰ
অদৃষ্টৰ লিখন শুনাবলৈ মই উদ্বিগ্ন হৈ উঠিছিলো— সেয়ে
তাত বহিছিলো। হয়তো শেষ সিদ্ধান্তৰ আগত বাধা দিলে এটা ব্যৱস্থা হ'লেও হ'ব পাৰে।
দেওয়ান-ই-খাচৰ
বাটত এটি শব্দ শুনিবলৈ পালো। মই দুজন মানুহ দেখিবলৈ পালো— এজনৰ মূৰত পাতল হালধীয়া উষ্ণীষ— পৰিধানত ৰাজ প্ৰদত্ত ভূষণ, ঘন ক'লা ঝালৰ ওলমি আছে। কুঁৱাৰ গভীৰ প্ৰদেশৰ পৰা উত্থিত শব্দৰ দৰে ঝংকাৰ
দি সেই মানুহজনে কথা কৈ আছিল। বৃক্ষপত্ৰৰ অন্তৰালৰপৰা দৃষ্টি প্ৰসাৰিত কৰি দেখিলো— নজবৎ খাঁ।
শিলৰ প্রাঙ্গণ
অতিক্ৰম কৰি মানুহ দুজন আহি থিয় হ'ল, অৰ্দ্ধ স্বগতভাবে কথা ক'বলৈ ধৰিলে— ধাৰণা হৈছে, চাহজাদা দাৰাই ভাবিছে তেওঁ সিংহাসনত
আৰোহণ কৰিব। তেওঁৰ সাধ্য নাই যে,
মোৰ মুঠিত তৰোৱাল উন্মুক্ত থকালৈকে তেওঁ দিল্লীৰ সিংহাসনত বহিব পাৰে।
তেওঁৰ ওঁঠত এক ধৰণৰ ঘৃণাৰ ব্যঞ্জনা ফুটি উঠিল। পুনৰ তেওঁ ক'লে- সম্রাটে নজবৎ খাঁৰ লগত তেওঁৰ
কন্যাৰ বিবাহ দিব নিবিচাৰে। মোৰ ধাৰণা হৈছে, সম্রাটে তেওঁৰ কুমাৰী বেগমক অন্তঃপুৰতে ৰাখিবলৈ অভিলাষী .....
তাৰ পাছত সিহঁত
অগ্ৰসৰ হ'ল, নজবৎ খাঁ আৰু তেওঁৰ সংগী জাফৰে সেই
বিৰাট চীনা বিটপীৰ তললৈ পুনৰ উভতি আহিল; বৃক্ষতলত পাৰি থোৱা মখমলৰ ওপৰত বহিল। মই এটি ক্ষুদ্ৰ আৱৰণৰ অন্তৰাললৈ
আহি সিহঁতৰ অগোচৰে সিহঁতৰ আলোচনা শুনিবলৈ ধৰিলো। নজবতে ক'লে- সম্রাটে শীঘ্ৰেই মত পৰিবৰ্ত্তন
কৰিব লাগিব, কাৰণ
তেওঁৰ সিংহাসন ৰক্ষাৰ কাৰণে তেওঁক শক্তিমানৰ সাহায্য গ্ৰহণ কৰিবই লাগিব। ছাহজাহানে
যিদৰে এদিন জাহাংগীৰৰ বিৰুদ্ধে অভিযান চলাইছিল— ঔৰংগজেৱো এদিন তেনেকৈ সাম্ৰাজ্যৰ ওপৰত জঁপিয়াই পৰিব। ছাহজাহানৰ সেই
অভিযানৰ সাক্ষী আছিল নূৰজাহান। জাহানাৰা বেগম সুন্দৰী, সুচতুৰা, অর্থশালিনী।
সমগ্ৰ চুৰাট বন্দৰৰ শুল্ক তেওঁৰ প্ৰাপ্য— সেই অৰ্থ তেওঁৰ তামোলৰ কাৰণেই ব্যয় হৈ আছে...।২৮
এবাৰ নজবৎ খাঁ
বহাৰ পৰা উঠি থিয় হ'ল, তেওঁৰ সমগ্ৰ শৰীৰ ক্ৰোধত কঁপি আছিল। নজবতে তীক্ষ্ণ
কণ্ঠত ক্রুদ্ধ সুৰত কৈ উঠিল-
মই জাহানাৰা বেগমৰ পাণিপ্রার্থী নাছিলো। চাহজাদা দাৰা অহংকাৰী, প্ৰশংসাপ্রিয়; দাৰাই মোক এই বিষয়ে সাঙুৰিছে। মই
জাহানাৰা বেগমক মাথোন অৱগুণ্ঠনৰ আৱৰণৰ অন্তৰালত দেখিছো। তেওঁৰ সৌন্দৰ্যৰ খ্যাতি
আছে, এই বিষয়ে
প্রত্যক্ষদর্শীও আছে একাধিক। বুন্দেলক সুধিলেই জানিব পাৰিব। আৰু বহুতে জানে— সিহঁতৰ নাম দিল্লীৰ প্ৰাচীৰৰ কাষত
শুনিবলৈ পোৱা যায়। মই শৰবিদ্ধ হৰিণীৰ দৰে তাৰ কথাবোৰ স্তব্ধ হৈ শুনিলোঁ। নজবৎ
খাঁ উচ্চ কণ্ঠত হাঁহি উঠিল— মই
জানো কেনেকৈ বলখৰ ৰাজবংশৰ সুনাম ৰক্ষা কৰিব লাগে। চাগতাই ৰাজকুমাৰীৰ দেহত কাফেৰৰ
তেজ-কণা আছে। জাহানাৰাক বিবাহ কৰি মোৰ বংশ মর্যদা অলংকৃত কৰাৰ প্ৰয়োজন নাই। মোৰ
নিজৰ অশ্বটোক মই নিজেই সংযত কৰিম- বেলেগৰ সহায়ৰ প্ৰয়োজন নহ'ব।
মই মূৰ্চ্ছা
যোৱাৰ উপক্ৰম হ'লো, মোৰ ধমনীৰ ৰক্তস্রোত যেন ধমনী ফুটা কৰি
ওলাই আহি আছিল। মই তাৰ সংগীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলো— ধাৰণা হ'ল যেন এই মানুহজন সুদক্ষ চিকাৰী, সদায় নতুন চিকাৰৰ সন্ধানত ব্যস্ত। তাৰ চকুত ভাহি উঠিছিল এক ধৰণৰ
তীক্ষ্ণ ক্ৰুৰ দৃষ্টি। সি ক'লে-
আমীৰ, তোমাৰ মনত নাই
নে যে, সিদিনা
অগ্নিকাণ্ডৰ সময়ত ৰাজকুমাৰীৰৰ দেহ দগ্ধ হ'ল, তথাপিও
কাকো দেহ স্পৰ্শ কৰিবলৈ নিদিলে.. তেওঁৰ চৰিত্ৰৰ খ্যাতি সিদিনা শুনা নাছিলা জানো ?
অবজ্ঞা মিহলি
সুৰত নজবতে উত্তৰ দিলে- তাইৰ তেজৰ মাজত আছে বহু তেজৰ মিশ্রণ।২৯
প্ৰয়োজন হ'লে
প্রেমাস্পদক লাভ কৰাৰ কাৰণে জাহানাৰা বেগমে প্রাণপণ কৰিব পাৰে। সেই প্রেমিক সিদিনা
ক'ত আছিল ? অন্ততঃ মই সেইজন মানুহ নহয়। মই যদি
সেই প্ৰেমিকৰ নাম জানিলোহেঁতেন—
মোৰ তৰোৱাল তাৰ মূৰৰ ওপৰত শোভা পালেহেঁতেন। ব'লা, এতিয়া ইয়াৰ পৰা যাওঁগৈ।
মোৰ নিশ্বাস
বন্ধ হৈ আহি আছিল। নজবৎ ৰৈ গ'ল, তেওঁ তেজমণ্ডিত আকাশৰ ফালে দৃষ্টি নিক্ষেপ কৰি ক'লে- বন্ধু জাফৰ! এদিন এগৰাকী ৰাজকন্যাক
দেখি ধাৰণা হৈছিল, যেন থিড়িকিৰ কাষত থিয় হৈ পুৱাৰ সূর্যোদয় প্রত্যক্ষ কৰিছো, তাই আছিল এজনী পবিত্ৰা কিশোৰী। অনাঘ্রাতা
পুষ্পপাত্র, তাইক
যদি মোৰ অন্তেষপুৰৰ ৰাণী কৰি আনিলোহেঁতেন, তেনেহ'লে
তাইৰ চৰণত মই মোৰ সমগ্ৰ মুক্তাৰাজি নিবেদন কৰিলোহেঁতেন। তাইৰ দৃষ্টি নীলকান্ত
মণিৰ দৰে উজ্জ্বল আছিল। সেই দৃষ্টিত মোৰ চকুৰ আগত সপ্তম স্বৰ্গৰ দুৱাৰ উন্মুক্ত
হৈছিল। কিন্তু সিদিনা সন্ধিয়াই তাই ইহলোক ত্যাগ কৰি গুচি গ'ল........
তাৰ পাছত সি আকৌ
ক'বলৈ ধৰিলে- মোৰ
অন্তেষপুৰৰ সকলো নাৰীয়ে বল্কগিৰি শিখৰৰ তুহিনৰ দৰে পবিত্ৰা, অনাঘ্রাতা। এইবাৰ মই প্ৰমোদ কাননলৈ
যাম- তাৰ পৰা ৰঙাগোলাপ চিঙি আনিম- মোৰ ইচ্ছা অনুসৰি সেই গোলাপে মোৰ অধৰ স্পৰ্শ
কৰিব।
জাফৰক মই
জানিছিলো, জাফৰ
আছিল ঔৰঙ্গজেৱৰ বন্ধু। জাফৰে ভাৰতবাসীক ঘৃণা কৰে। সি নজবৎ খাঁৰ কৰমৰ্দ্দন কৰি ক'লে- ভাই, ভাবি চোৱা, তুমি
যদি মোগল সাম্ৰাজ্যৰ সৰ্বোত্তম নাৰী ৰাজকুমাৰী জাহানাৰাক শত্ৰুৰ হাতৰ পৰা কাঢ়ি
নিয়া, তেনেহ'লে কোনে তোমাক প্ৰতিৰোধ কৰিব পাৰে? জাহানাৰা বেগম
যেতিয়া তোমাৰ অন্তঃপুৰত প্ৰবেশ কৰিব, তোমাৰ অন্তঃপুৰ নন্দন কানন হৈ উঠিব। জাহানাৰাও কুমাৰী হৈ উঠিব।
নজবং খাঁৰ দৃষ্টি
অকম্পিত আছিল। সি মোৰ বিষয়ে ক'লে-
মই যদি কোনো নাৰীক শত্ৰুৰ হাতৰপৰা বলপূৰ্বক কাঢ়ি নিব বিচাৰোঁ তেনেহ'লে সেই শত্ৰু মোৰ সমকক্ষ হ'ব লাগিব- সমবংশৰ
হ'ব লাগিব। কিন্তু
জাহানাৰা যদি মোৰ অন্তঃপুৰক উপেক্ষা কৰি কাফেৰৰ আশ্ৰয় গ্রহণ কৰে, সি নিশ্চয় জাহানাৰাক স্বৰ্গৰ হুৰীৰ
সন্মান দান কৰি কৃতাৰ্থ হ'ব।
মই আৰু শুনিব
নোৱাৰিলো মই সংজ্ঞা হেৰুৱাই পেলালো। যেতিয়া মই চৈতন্য উভতাই পালো তেতিয়া প্ৰভাতৰ
শিশিৰ সম্পাতত মোৰ শোণিতধাৰা ঘণীভূত হৈ উঠিছিল।
সেই মানুহ দুজন
গুচি গৈছে, ওচৰত
বেলেগ কোনো মানুহ নাছিল। মই মোৰ অজ্ঞাতসাৰে মহতাব বাগৰ৩০ ফালে গ'লো, তাত ক্রীতদাসসকলে লণ্ঠনৰ আলোকত কৃষ্ণসৰ্পৰ সন্ধান কৰি আছিল– আকাশত তেতিয়া তৰা নাছিল।
মোক কোনেও দেখা
নাই, মোৰ ইচ্ছাও
নাছিল যে কোনাবাই মোক দেখক। মোৰ কাষৰ সমগ্ৰ জগৎ যুতিকা, গোলাপ, পদুম, কৰবীৰ
গোন্ধত আমোলমোল। ইয়াত বাগিচাৰ ফুলবোৰ শুভ্ৰ— সেই শুভ্ৰ পুষ্প-গোন্ধই মোৰ সমস্ত ব্যথাত প্ৰলেপৰ হাত বুলাই দিলে।
দুকাষৰ দীৰ্ঘ চাইপ্ৰাচ শ্ৰেণী যেন প্ৰহৰীৰ দৰে থিয় হৈ আছে, শ্বেত পদুমবোৰ
ফোয়াৰাৰপৰা উৎসৰিত পানীৰ মাজত যেন তৰাৰ দৰে জিলিকি আছিল। সন্ধিয়াৰ অস্পষ্ট
অন্ধকাৰ আৰু নিৰ্জনতাই সমগ্ৰ ঠাইডোখৰক আচ্ছন্ন কৰি ৰাখিছিল। মই মখমলৰ দৰে সূক্ষ্ম মসৃণ তৃণদলৰ ওপৰেদি অতি
লঘূপদক্ষেপত অগ্ৰসৰ হ'লো।
মখমলৰ সূক্ষ্ম মসৃণ ৰেচমবোৰ মোৰ পদচুম্বন কৰি কৃতাৰ্থ হৈ আছিল। হঠাৎ ধাৰণা হ'ল, যেন কোনোবাই অতি সন্তর্পণে মোৰ বাহু স্পৰ্শ কৰিছে।
মই চাইপ্ৰাচ বনৰ
ছাঁৰ মাজত অদৃশ্য হৈ পৰিলো। সৰ্পভীতিয়ে মোৰ মনত ভয় সঞ্চাৰ কৰা নাই। কাৰণ
ইতিমধ্যেই এটি বিষধৰ সৰ্পই মোৰ মনটোক দংশন কৰি আছিল। এটি উচ্ছ্বসিত নিজৰাৰ পাৰত মই
বিশ্রাম ল'বলৈ
বহি পৰিলো। তাত আগতেই
কিংকৰীয়ে প্ৰদীপ দি গৈছিল, বিশ্ৰামৰ
কাৰণে ক্ষুদ্র এটি চন্দ্রাতপ খটোৱা আছিল।
নাৰী-জন্ম আছিল
ভীষণ অভিশাপ। মোৰ ইচ্ছা গ'ল— অসহ্য ভাৰত ভাৰাক্ৰান্ত মৰুভূমিৰ উটৰ
দৰে বিকটভাবে চিঞৰি উঠিবলৈ- যেন সমগ্ৰ দিল্লীবাসী মোৰ চিঞৰত চমকি উঠে।
পুৰুষে নাৰীৰ
শুচিতা ৰক্ষাৰ কাৰণে নাৰীক অৱৰোধ কৰি ৰাখে, কাৰণ সিহঁতে অনাঘ্রাতা পুষ্পৰ গোন্ধ উপভোগ কৰিব বিচাৰে। কিন্তু
পুৰুষে কি জানে, নাৰীৰ
তেজত কি ধৰণৰ জুই জ্বলে? স্রষ্টাই নাৰীক সৃষ্টি কৰিছে মাতৃত্বৰ কাৰণে; সেই নাৰী যেতিয়া নীৰৱে নিৰ্জনে শীর্ণ
শুষ্ক হৈ যায়, পুৰুষৰ তেতিয়া কি আহে যায়? পুৰুষ তাৰ আখ্যা দিছে সতীত্ব। যদি পুৰুষে
নাৰীক আকাংক্ষা কৰে— তাতে
নাৰীৰ মূল্যমান পৰিবৰ্ত্তিত হয় জানো? নাৰী হয়তো মুহূৰ্তৰ কাৰণে
পুৰুষৰ উপভোগৰ সামগ্ৰী হৈ উঠে- কিমান দ্রুত সেই মুহূৰ্তৰ অৱসান হয়। ইভৰ পাপৰ
চিহ্ন আজিও নাৰীৰ দেহত বিদ্যমান ....
মই পানীৰ তললৈ
দৃষ্টি প্ৰসাৰিত কৰিলো। পানীৰ ৰূপ দেখিলো হীরকখণ্ডৰ দৰে স্বচ্ছ— দুখৰ পাষাণৰ দৰে নিৰ্মম মোৰ নয়ন সেই
পাষাণত অবগাহন কৰিলে। মোৰ ধাৰণা হ'ল, আৰু যেন কোনোদিনেই এই জীৱনত মোৰ দৃষ্টি
নিৰ্মল নহ'ব।
তাৰ পাছত মই চৰণত দলিত ৰামধনুৰ দৰে উঠি থিয় হ'লো, কিন্তু
ৰামধেনু পুনৰ নতুন কৰি আকাশত উদয় হ'ব। সেয়াইতো প্ৰকৃতিৰ বিধান।
নজবৎ খাঁ! বিশাল
আকাৰৰ বিৰাট খেজুৰ বৃক্ষৰ দৰে তুমি মোৰ সন্মুখত থিয় দি আছিলা- তোমাক দেখিছোঁ, যি
ফালে বায়ু প্রবাহিত হয় শিকামোৰ বৃক্ষ সেইফালেই অবনমিত হয়, তোমাকো সেইদৰে অৱনমিত হোৱা দেখিছো।
তোমাৰ ক্ষমতা নাই যে, তুমি
নাৰীৰ দুখৰ বোজা তুলি ল'বা।
তুমি মূৰ্খৰ দৰে ক্ৰোধবশতঃ যি কেইটা নাম উচ্চাৰণ কৰিছা, তাৰ বাহিৰে তুমি মোৰ বিষয়ে কি জানা ? মানুহক যদি দেৱতা আখ্যা দিবপৰা যায়; দুলেৰা বিষ্ণু বা শিৱৰ প্ৰতিমূৰ্ত্তি; তেওঁৰ প্ৰতীক ময়ো বিচাৰি পোৱা নাই। ক্ষুদ্র
অগ্নিশিখা বতাহত বিক্ষিপ্তভাবে আন্দোলিত হৈ আছিল, তাত কোনো দেৱতাৰ মন্দিৰ ৰচনা হোৱা নাই, কাৰণ সেই বিৰাট শিখাৰ আধাৰ নাই। আজিও সেই আধাৰ সৃষ্টি হোৱা নাই।
মই এজনক ভাল
পাইছিলো। বনৰ হৰিণী যিদৰে
তৃষ্ণা নিবাৰণৰ কাৰণে হিমালয়ৰ জলধাৰা আকণ্ঠ আকাঙ্খা কৰে- ময়ো তেনেকৈ তেওঁৰ বীৰত্বৰ মাজত মোৰ গৌৰৱ কামনা কৰিছিলোঁ। বনানীৰ মাজত পথ
বিভ্ৰান্ত পথিক যিদৰে পৰ্বত শিখৰৰ তুহিনৰ উজ্জ্বলতাক স্বৰ্গৰ প্ৰবেশ পথ বুলি
কল্পনা কৰে, ময়ো
তেনেকৈ আগ্ৰহেৰে তেওঁৰ আত্মাৰ শুচিতা কামনা কৰিছিলো।
ভাৰতবৰ্ষত
হিন্দু নাৰীসকলে লিংগ পূজা কৰে,
সিহঁতে সর্বোত্তম মুক্তাহাৰ লিংগ দেৱতাৰ চৰণত উপহাৰ দিয়ে। তপোবনত
স্বর্ণপাত্ৰত সুগন্ধি জ্বলাই চন্দ্ৰ দেৱতাৰ অৰ্ঘ্য ৰচনা কৰে। সিহঁতে প্ৰকৃতিৰ মাজৰ
শ্ৰেষ্ঠ প্ৰতীকক নতজানু হৈ অৱনত মস্তকত অভিবাদন কৰে। খ্ৰীষ্টান ধৰ্মত নিষ্কলংক
মাতৃত্বক শ্ৰদ্ধাৰ্পণ কৰে। যীশুখ্ৰীষ্ট স্বয়ং কুমাৰী মাতৃৰ সন্তান। তেনেহ'লে মানুহৰ জন্ম পাপৰ মাজেৰে হ'ব কিয়?
মই চিন্তাৰ ভাৰত
ক্লান্ত হৈ পৰিলো। দুখৰ সংগীতৰ সুৰ তুলি জলধাৰা বৈ গৈছে— বতাহ পদুমৰ সুবাসত ভাৰাক্ৰান্ত, সুগন্ধি ধুপপাত্ৰৰ দৰে মৌমাখি মোৰ
চাৰিওফালে সিঁচৰতি হৈ আছে। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰদীপৰ দৰে জোনাকী পৰুৱা নিশাৰ বুকুত
জ্বলিছে। পাষাণৰ বুকুত মই মোক বিন্যস্ত কৰিলোঁ। মই অনুভব কৰিলো, এখন শীতল হাতে মোৰ কম্পিত দেহ অতিক্ৰম
কৰি গ'ল।
তাৰ পাছত মই
অন্তৰ্দৃষ্টিৰে এটি দৃশ্য অনুভৱ কৰিলো— সিদিনা দৰবাৰত এটি সিংহৰ খেল দেখুৱা হৈছিল। সিংহটোৱে তাৰ মূৰ নত কৰি
মানুহৰ দৰে ঘন ঘনকৈ মৃদুভাবে গৰ্জন কৰি আছিল। মোৰ ধাৰণা হ'ল যেন সিংহটো তাৰ সংগীনিৰ কাৰণে কাতৰ।
তাৰ পাছত পুনৰ এদিন মই মৰুদ্যানৰ মাজত সেই যুগল সিংহ প্ৰত্যক্ষ কৰিছিলো।
স্রোতস্বিনী জিলমিল কৰি আছিল, খেজুৰ
বৃক্ষই ডাল বিস্তাৰ কৰি ছাঁ বিতৰণ কৰি আছিল। আকাশত এটি উজ্জ্বল নক্ষত্র জ্বলি আছিল; সেয়াই আছিল সিংহ যুগলৰ পৰিধি। কিন্তু
সিহঁত খুবেই সুখী আছিল। কাশ্মীৰ পৰ্বতমালাৰ পাদদেশত সিহঁতে নিশ্চিন্ত মনেৰে বাস
কৰিছিল। সিহঁতৰ মাজত এই শক্তিৰ বিকাশত স্ৰষ্টাৰ কি উদ্দেশ্য নিহিত হৈ আছে ?
মই অনুভব কৰিলো, দিৱস নিশাৰ বুকুত বিলীন হৈ গৈছে।
বৃক্ষ-লতা, পশু-পক্ষী
কেনেকৈ নিবিড়ভাবে সিহঁতৰ জীৱন যাপন কৰে। সমগ্ৰ সৃষ্টিৰ মাজত একমাত্ৰ ময়ে যেন
অকলশৰীয়া। কোন সেইগৰাকী মহাপুৰুষ যিগৰাকীয়ে ভাৰতবাসীৰ চকুত মোক সম আসন প্ৰদান
কৰিব পাৰে ? কেতিয়া
সেই দিন আহিব? বিবাহ
বাসৰৰ শুভ্ৰ মুকুতা মণিৰ নিৰ্মল দীপ্তি কেতিয়া মোৰ চকুৰ আগত জিলিকি উঠিব ?
সন্ধ্যাকাশৰ
ৰক্তিম পটভূমিত এটি শুভ্ৰ উষ্ণীষ আৰু এযোৰ চকু মোৰ দৃষ্টিপথত উদ্ভাসিত হৈ উঠিল।
যিদৰে প্রহেলিকাৰ উত্তৰ এটি মাথোন শব্দৰ মাজত পোৱা যায়, তেনেকৈ হৃদয়েও এটি মাথোন হৃদয়ৰ
স্পৰ্শত মুক্তি লাভ কৰে- অৱশ্যে সেই হৃদয়খন যদি তেওঁৰে হৃদয়ৰ প্ৰতিধ্বনি হয়।
মই প্ৰথম পত্ৰখন
বিচাৰিছোঁ— যিখন
মোৰ বুকুৰ মাজত মাদুলি কৰি ৰাখিছিলো। তেওঁৰ সৰ্বশেষ পত্ৰৰ কে'বটাও ছত্ৰ মোৰ কাণত প্ৰতিধ্বনিত হ'বলৈ ধৰিলে—মোগল ৰাজকুমাৰীৰ আলেখ্য সংগ্ৰহৰ মাজত
চৌহান ৰাজপুতৰ চিত্ৰপট শোভা পাব নোৱাৰে।
দুলেৰাই বাৰু
নজবং খাঁৰ দৰেই চিন্তা কৰিছিল নেকি ? এখন লৌহ কঠিন হাতে যেন বজ্ৰমুঠিত মোৰ হৃদয়ত আঘাত কৰিলে। মোৰ
চাৰিওফালৰ পৃথৱী বিশাল হৈ উঠিল। অবাস্তৱ হৈ উঠিল। চাইপ্ৰাচ বৃক্ষ আকাশৰ সমান ওখ হৈ
উঠিল।— . সিহঁত যেন মোৰ
ব্যথাৰ পৰিমাপ। মোৰ ব্যথা ইমান গুৰুভাৰ হৈ উঠিল যে, শিলৰ ওপৰৰ ঠায়ে নুকুলোৱা হ'ল। মোৰ ধাৰণা হ'ল
যেন মই শূন্যতাৰ গহ্বৰত বিলীন হৈ গৈ আছো। আৰু মোৰ চেতনা বিলুপ্তিৰ পূৰ্বমুহূর্তে এটি
বিকট চিঞৰত মোৰ দুখ প্ৰকট হৈ উঠিল। মোৰ সেই বিকট চিঞৰৰ শব্দ নিশাৰ নিস্তব্ধতা ভেদ
কৰি দৌৰি গ'ল– সমগ্ৰ প্ৰাসাদত
সেই শব্দ প্রতিধ্বনিত হ'ল।
প্রভাতত শুনিলোঁ, সিহঁতে কৈ আছে যে, মহতাব বাগত নিশা বেগম জাহানাৰাক সাপে
দংশন কৰিছিল।
সপ্তম স্তৱক
কালি মই আনচাৰীৰ
কাব্যত চুলতান মামুদ গজনীৰ ভাৰত বিজয়ৰ কাহিনী পঢ়িছো। তাত লেখা আছিলঃ-
মামুদ ভাৰতত যি
তেজৰ ধাৰা বোৱাইছিল তাৰ চিহ্ন আজিও বিলুপ্ত হৈ যোৱা নাই; ভাৰত ভূমি আজিও তেজেৰে ৰঞ্জিত— ভাৰতৰ আকাশ আজিও ৰক্তিম মেঘেৰে আবৃত।
মামুন গংগা তীৰবৰ্ত্তী আৰু থানেশ্বৰৰ সুন্দৰ বসতিবোৰ ধ্বংস কৰিছিল, কাৰণ সেইবোৰ তীৰ্থস্থান আছিল। তেওঁ
দেৱমূৰ্তিবোৰ গজনীৰ প্ৰৱেশ পথৰ ধূলিত সিঁচৰতি কৰি দিছিল— কাৰণ দেৱতা আছিল ভাৰতৰ শৌর্যৰ প্ৰতীক।
* * * বিস্তৃত ভূমিত আৰু কিমান দিন শত্ৰুৰ তেজৰ ধাৰা বৈ যাব! যি ভয়ার্ত জননী সন্তানৰ
তেজেৰে ৰঞ্জিত যুদ্ধক্ষেত্ৰৰ প্ৰত্যক্ষদর্শিনী– তেওঁ নতুন মাতৃত্ব প্রত্যাখান কৰিব।
আজি গজনীৰ উটৰ পদচিহ্ন তেজৰঞ্জিত—
গজনীবাসীৰ তৰোৱাল তেজ ৰঞ্জিত।
জ্ঞানীসকল
চিন্তান্বিত, নাৰীকুল
শোকাকুল– কোনে তোমালোকক
ৰক্ষা কৰিব?
– মানুহৰ অন্তৰত ৰৈ আছে বাঘৰ হিংস্ৰ প্ৰবৃত্তি।২৯
১০৬৭ হিজৰীৰ
জেলহজ মাহত সম্রাট চাহজাহানে ৰোগশয্যা গ্রহণ কৰিছিল। দ্বিপ্ৰহৰ নিশা মই পিতাৰ
শয্যাৰ কাষত উপস্থিত হৈছিলো। মোৰ ধাৰণা হৈছিল, যেন মোৰ পাল্কী বাহকৰ ভৰিৰ তলত সমগ্ৰ পৃথিবী কম্পিত হৈ আছে। নানা
চিন্তাস্ৰোত গংগাৰ পানীৰ ধাৰাৰ দৰে বৈ গ'ল। ধাৰণা হ'ল, যেন তৈমূৰ বংশৰ ভিত্তি শিথিল হৈ গৈছে।
মই পিতাৰ শয্যাৰ
কাষত নতজানু হৈ কোৰাণ স্পৰ্শ কৰি শপত খালো- “পিতাৰ প্ৰতি বিশ্বাস ভংগ নকৰিম।” কাৰণ আমাৰ পিতা অত্যন্ত আতংকিত হৈছিল, এনেকি মোৰ দৰে হতভাগীনিকো তেওঁ ভয় কৰিছিল। তেওঁ জানিছিল, কেনেকৈ তেওঁৰ দুৰাৰোগ্য ৰোগৰ সংবাদে
সমগ্ৰ ৰাজ্যত প্রবল ধুমুহাৰ সঞ্চাৰ কৰিব। তেওঁ ক'লে- “মোৰ
কৰতল চুম্বন কৰি চোৱা, মোৰ
হাতত আপেলৰ সুমিষ্ট সুবাস আছে নেকি?”
মোৰ মাতৃক এজন সন্ন্যাসীয়ে দুটা অকালপক্ক আপেল উপহাৰ দিছিল— সেই কথা সম্রাট বিস্তৃত হোৱা নাছিল।
সন্ন্যাসীয়ে ভবিষ্যত বাণী কৰিছিল- “হে জগতাশ্রয়! যিদিনা তোমাৰ হাতৰপৰা এই আপেলৰ গোন্ধ গুচি যাব, সিদিনা জানিবা, তোমাৰ জীৱনী শক্তি নিঃশেষ হৈ আহিছে।” তাৰ পাছত পিতাই প্ৰশ্ন কৰিছিল- মোৰ
কোনো পুত্ৰই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সাম্রাজ্য ধ্বংস কৰিব নেকি? সন্ন্যাসীয়ে উত্তৰ দিছিল- “হয়, যিজন আটাইতকৈ গৌৰবৰ্ণ।” তেৱেঁ আছিল ঔৰঙ্গজেৱ,
যদিও তেওঁৰ বয়স তেতিয়া মাথোন দহ বছৰ আছিল। তেতিয়াৰপৰা সম্রাট
তেওঁৰ তৃতীয় পুত্ৰৰ প্ৰতি বিদ্বেষী হৈ উঠিছিল। ঔৰঙ্গজেৱক তেওঁ কৈছিল- শ্বেতসৰ্প।
ৰোগৰ প্ৰথম
দিনাৰপৰাই ৰাজপ্রাসাদ ত্ৰিছ সহস্ৰ প্ৰহৰী দ্বাৰা বেষ্টন কৰা হৈছিল। সেই প্ৰহৰীসকল
আছিল ৰাজপুত; কাৰণ
একমাত্ৰ ৰাজপুত বাহিনীয়ে তেওঁৰ বিশ্বাসৰ পাত্ৰ আছিল। শাহবুলন্দ ইকবাল দাৰাই মাথোন সামান্য অনুচৰৰ
সৈতে ৰাজপ্রাসাদত দিনে দুবাৰ প্ৰৱেশৰ অনুমতি পাইছিল। পিতাৰ মৃত্যু আসন্ন বুলি প্রতি
মুহূর্তে ধাৰণা হৈছিল। দাৰাই পিতাৰ ৰোগৰ সংবাদৰ বিবৃতি প্ৰকাশ কৰিবলৈ নিষেধ
কৰিছিল। ফলত শূন্যত নিক্ষিপ্ত বীজৰ দৰে মিথ্যা সংবাদ বতাহত বিয়পি পৰিছিল।— সম্ৰাটৰ মৃত্যু হৈছে! দামামাৰ শব্দত
যেনেকৈ যুদ্ধৰ অশ্ব চঞ্চল হৈ উঠে,
তেনেকৈ মানুহে যুদ্ধৰ কাৰণে তৰোৱালত ধাৰ দিবলৈ আৰম্ভ কৰিলে। আমীৰ
উমৰাহসকল প্রস্তুত। তস্কৰ দস্যুসকল নিজৰ স্বাৰ্থৰ সন্ধানত ব্যাকুল। মই তিনি দিন
তিনি নিশা বিমূঢ়ৰ দৰে অতিবাহিত কৰিলো। সমগ্ৰ বিপণীৰ দুৱাৰ বন্ধ, আমোদ উৎসৱ স্তব্ধ; গোপন বাটত সংবাদ চলাচল হ'বলৈ ধৰিলে।
মোৰ ভগ্নী
ৰোশন-আৰা গোপনে বাৰ্ত্তা প্ৰেৰণ কৰাত পাৰদৰ্শীনি, ঔৰঙ্গজেৱ গোপনে বাৰ্ত্তা গ্ৰহণ কৰাত সুকৌশলী। আমাৰ বেলেগ দুজনী
ভগ্নীয়েও ভ্ৰাতাসকলৰ ওচৰলৈ গোপন বাৰ্ত্তা প্ৰেৰণ কৰিছিল। স্ফুৰ্লিঙ অন্তেষপুৰত
ভস্মাচ্ছাদিত আছিল— সেয়া
অগ্নিস্ফুৰ্লিঙ হৈ ফুটি উঠিল। “ইয়া
তকত্, ইয়া তাবুদ” – হয় সিংহাসন, নহ'লে মৃত্যু। কিন্তু যুৱৰাজ দাৰা সিংহাসনৰ সন্মুখত উপস্থিত। তেওঁৰ ওচৰত
আটায়ে বশ্যতা স্বীকাৰ কৰিলে।
প্রথম অভিযান ছাহ
শুজাই বাংলাৰ পৰা আৰম্ভ কৰিলে। দাৰাৰ নিপুণ সেনাদলৰ একাংশ শুজাৰ লগত যোগদান কৰিলে। তেওঁ
সংবাদ ৰচনা কৰিলে- দাৰাই সম্রাট ছাহজাহানক বিহু প্ৰয়োগ কৰি
হত্যা কৰিছে। কিন্তু দাৰাৰ বীৰপুত্ৰই শুজাক পৰাজিত কৰিলে।
পিতা কেইদিনমানৰ
ভিতৰতে ৰোগ মুক্ত হ'ল।
সমগ্ৰ দৰবাৰ দিল্লীৰপৰা আগ্ৰালৈ গুচি গ'ল। সমগ্র দেশে যেন জানিব পাৰে সম্ৰাট জীবিত। মুৰাদ গুজৰাটৰ পৰা
সৈন্যলৈ অগ্ৰসৰ হ'ল।
সুচতুৰ মায়াৱী ঔৰঙ্গাজেৱে মুৰাদক নিজৰ দললৈ টানি দিলে। ঔৰঙ্গজেৱে জানিছিল, মুৰাদ বীৰ, সাহসী যোদ্ধা।
তেওঁলোকে সমবেত শক্তিৰে দাৰাক পৰাজিত কৰিবলৈ স্থিৰ কৰিলে। দাৰাক তেওঁলোকৰ আটায়ে
ঘৃণা কৰিছিল, কাৰণ
দাৰা ইছলাম বিচ্যুত। দাৰাক তেওঁলোকে বিধর্মী কাফেৰ আখ্যা দিছিল।
মই দেখিলো, সমুদ্ৰৰ ঢেউৰ দৰে বংগৰপৰা ক'লা সাপৰ দৰে সৈন্যদল দ্ৰুত গতিত অগ্ৰসৰ
হৈছে। সম্ৰাটৰ জ্যোতিষীসকলে ভৱিষ্যত বাণী কৰিলে- ৰাজ্যৰ অমংগল কাটি যাব, সম্রাট ৰোগ মুক্ত হ'ব। মোৰ কিন্তু ধাৰণা হ'ল– ক'লা
সাপৰ মূৰত যি শ্বেত সৰ্গ বহিছিল,
সেই সাপ স্বয়ং ঔৰঙ্গজেৱ। আজি সেই সৰ্পই মূৰ উত্তোলন কৰিছে, মন্থৰ গতিত তৈমুৰ বংশৰ ওপৰেদি পথ
অতিক্ৰম কৰিছে, কিন্তু
যাব ক'লৈ ? আকাশ পথত নক্ষত্ৰৰ গতি অনুসৰণ কৰি সেই
প্ৰশ্নৰ উত্তৰ স্থিৰ কৰা সম্ভৱ হ'ব
জানো?
আমি
বিলোচপুৰত বিদ্ৰোহৰ সংবাদ পালো—
সম্ৰাটৰ প্ৰত্যাবৰ্ত্তনৰ বাটত। তেতিয়া সম্রাট আকৌ উভতি গৈ আছিল— ৰাজধানীৰ ফালে। ফলত আমি সমস্ত
সৈন্যসামন্তলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলো।
এইবাৰ হতভাগ্য সম্ৰাটৰ
প্ৰত্যাৱৰ্ত্তনৰ গতি অতি গুৰুভাৰ ধাৰণা হ'ল। বিলোচপুৰ এই নামটোৱে শৰৰ দৰে আমালোকৰ হৃদয় বিদ্ধ কৰিবলৈ ধৰিলে।
ইয়াত ত্ৰিছ বছৰ আগত চাহজাদা ছাহজাহানে তেওঁৰ পিতাৰ বিৰুদ্ধে অভিযান চলাইছিল।
আকাশত সূৰ্যই
তীক্ষ্ণ কিৰণ বিয়পাই দিছে, আমি
ৰাজপথৰ কাষত থকা দীৰ্ঘ গছ-গছনিৰ আচ্ছাদনৰ মাজেদি গৈ আছিলো। মই পিতাৰ কাষত
বিশালাকাৰ শকটৰ অভ্যন্তৰত বহি আছো। এই শকটটো জাহাংগীৰ বাদচাহে ইউৰোপৰপৰা উপটৌকন
হিচাপে পাইছিল। ক্ৰোশৰ পাছত ক্রোশ পথ অতিক্ৰম কৰিছোঁ— নীৰৱে। ছাহজাহানাবাদ ত্যাগ কৰি ধাৰণা হ'ল যেন আমি পৰাজিত হৈ প্ৰত্যাৱৰ্ত্তন
কৰিছোঁ।
মই মোৰ প্রাসাদত
প্ৰত্যাৱৰ্ত্তনৰ কাৰণে বিশেষভাবে উদ্বিগ্ন হৈ উঠিছিলো— এয়া মোৰ যৌৱনত প্ৰত্যাৱৰ্ত্তন কৰাৰ
দৰে আছিল। কিয় জানো মোৰ বিশ্বাস হৈছিল, যে দুলেৰা ৰাজধানীলৈ উভতি আহিছে। ঔৰঙ্গজেৱৰ শিৱিৰৰ পৰা তেওঁক পুৰণি
পদত যোগ দিয়াৰ কাৰণে আহ্বান কৰা হৈছে। কে’বা বছৰৰ ঘৃণা, হতাশা, বিস্মৃতিৰ ব্যৱধানত ফিৰোজশ্বাহ- গড়খাৱৈৰ
তীৰ সংলগ্ন বননিৰ মাজেৰে বিচ্ছুৰিত অস্তগামী সূৰ্যৰ কিৰণে মোক খুবেই অভিভূত
কৰিছিল। তালৈ আহি মোৰ ধাৰণা হ'ল
যেন সকলো বস্তু যেনেকুৱা আছিল ঠিক তেনেকুৱাই আছে— যেন কোনো বস্তুৰে একো পৰিবৰ্ত্তন হোৱা নাই।
মাজ বাটত এটি
মৰ্মৰ কুঁৱাৰ কাষলৈ আহি আমাৰ বাহিনী বিশ্রাম ল'লে। আমাৰ শ্বেত ঘোঁৰা চাৰিটাৰ গা ধোৱাই দিয়া হ'ল। চমকন্দৰ তৰমুজ আহাৰ কৰিলো, মোৰ সুৰাপাত্ৰৰ পৰা আমি চৰাব পান
কৰিলো। তাৰ পাছত পিতাই খুব দ্রুত শকট পৰিচালনাৰ কাৰণে আদেশ দিলে।
দেউতাই মোৰ ফালে
দৃষ্টি নিক্ষেপ কৰিলে। প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলো, পিতা খুবেই বৃদ্ধ হৈ গৈছে।
তেওঁৰ স্বৰ্ণগোলাপখচিত ৰাজভূষণৰ মাজত যেন তেওঁ কুঞ্চিত হৈ পৰিছে— তেওঁৰ পৰিচ্ছদত চৰাবৰ ধাৰা বৈ আছিল।
সম্ৰাটৰ অৱয়ৱত তেওঁৰ প্ৰথম জীৱনৰ পৌৰুষৰ চিহ্নমাত্ৰ নাছিল। তেওঁৰ বিশ্ববিজয়ী চকুৰ
জ্যোতি ম্লান হৈ গৈছে। মই অনুভৱ কৰিলো যে, এক বিৰাট অগ্নি নির্বাপিত হৈ গৈছে।
সম্রাটে
মীৰজুমালাৰ বিষয় অৱতাৰণা কৰিলে- তেওঁৰ কণ্ঠস্বৰ গম্ভীৰ হৈ উঠিল। এই পাৰস্য
সন্তানক সম্রাটে ৰাজসম্মানত বিভূষিত কৰি মুয়াজ্জম খান৩১ উপাধি প্ৰদান
কৰিছিল নেকি? তেওঁৰ
আশা আছিল যে, মীৰজুমলা
হিন্দুস্থানৰ কাৰণে কান্দাহাৰ জয় কৰিব। আজি সেই মীৰজুমলাই সম্রাটক প্ৰৱঞ্চনা
কৰিছে। তেওঁক সান্ত্বনা দিয়াৰ দৰে ভাষা নাছিল। আমি যিমানেই দিল্লীৰ পথত অগ্ৰসৰ
হৈছোঁ, মোৰ মন সিমানেই
ভাৰাক্ৰান্ত হৈ উঠিছে।
এই মীৰজুমলাই
এদিন গোলকুণ্ডাৰ পথত পাদুকা বিক্ৰী কৰিছিল, তাৰ পাছত তেওঁ অৰ্জন কৰিলে অর্থ ও শক্তি; লাভ কৰিলে গোলকুণ্ডাৰ উজিৰৰ আসন, শেষত লাভ কৰিলে ঔৰঙ্গজেৱৰ বন্ধুত্ব।
শেষৰ পৰ্যায়ত মীৰজুমলা গোলকুণ্ডাৰ ৰাজমহিষীক বিপদচাৰিণী কৰিলে, চুলতানে তেওঁক কাৰাগাৰত বন্দী কৰিবলৈ
উদ্যোগ গ্ৰহণ কৰিলে। মীৰজুমলাই ঔৰঙ্গজেৱৰ সাহায্য প্রার্থনা কৰিলে। মীৰজুমলাক
সাহায্য কৰিবলৈ আহি ঔৰঙ্গজেৱে ৰাজধানী লুণ্ঠন কৰিলে, অপহৰণ কৰিলে প্রাচীন ৰাজবংশৰ সমাধিৰ ৰত্ন। এনেকুৱা কৰিয়ে ঔঙ্গজেৱৰ
শক্তিৰ ভিত্তি স্থাপিত হৈছিল।
মই বাৰে বাৰে সম্ৰাটক
মীৰজুমলা সম্পৰ্কে সতৰ্ক কৰি দিছিলো। মই মীৰজুমলাৰ বিৰুদ্ধে ভীষণভাবে ক্রুদ্ধ হৈ
উঠিলো। এটা দিন আছিল যেতিয়া সম্রাট ছাহজাহানে মোৰ পৰামৰ্শ শুনিছিল— যিদৰে শুনিছিল মোৰ মাৰ কথা। কিন্তু
ক্ৰমশঃ তেওঁ মোৰ ওচৰৰপৰা দূৰলৈ আঁতৰি গ'ল- মোৰ মাৰ ওচৰৰ পৰা পৰাও.......
মই বাদচাহক
সুধিলো- জাহাঁপনা, আপোনাৰ
মনত পৰেনে দাৰা আৰু মই আপোনাক অনুৰোধ কৰিছিলোঁ— ঔৰঙ্গজেৱক গোলকুণ্ডাৰ পৰা ওভতাই আনক, সি যাতে অধিক শক্তিশালী হৈ উঠিব নোৱাৰে। আপোনাৰ মনত পৰেনে, কিছু বছৰ আগতে মীৰজুমলাই দিল্লীত
আপোনাক এটুকুৰা হীৰা উপহাৰ দি কৈছিল যে, কান্দাহাৰৰ ৰাজকোষত এই হীৰা টুকুৰাৰ দৰে হীৰা নাই, বাদচাহে যদি তেওঁক এদল সৈন্য দি
সাহায্য কৰে তেনেহ'লে
বিজাপুৰ, গোলকুণ্ডা, সিংহল ও কৰমণ্ডল প্রদেশ জয় কৰি অগণিত
হীৰা বাদচাহক উপহাৰ দিব পাৰিব? তাৰ
পাছত মীৰজুমলাই এমুঠি প্ৰস্তৰ সম্ৰাটক উপহাৰ দিছিল। সম্রাটে মীৰজুমলাৰ অধীনত সৈন্যৰ
ব্যৱস্থা কৰিছিল। দাৰা আৰু মই কিমান নিষেধ কৰিছিলো। আজি সেইসকল সৈন্যলৈ মীৰজুমলা
ঔৰঙ্গজেৱৰ কাষত থিয় দিছে। সম্ৰাটৰ সেই কথা মনত পৰেনে?
সম্রাট সামান্য
লৰি-চৰি বহিল। ধাৰণা হ'ল
যেন তেওঁ অসংখ্য ৰাজমুকুটৰ আলোকেৰে উদ্ভাসিত হৈ দিল্লীৰ সিংহাসনত উপৱেশন কৰি আছে, সেই আলোকৰ দীপ্তি তৈমূৰৰ ৰাজ্যৰ ওপৰত
বিয়পি পৰিছে। মোৰ ধাৰণা হ'ল, সম্রাট ছাহজাহানে তেওঁৰ ৰাজদণ্ডলৈ
সমগ্ৰ দেশ শাসন কৰিছে। তাৰ পাছত মুহূৰ্তৰ কাৰণে সম্রাট নিস্তব্ধ হৈ থাকিল— মোৰ প্ৰশ্নৰ
উত্তৰ নিদিলে। তৎক্ষণাৎ মই স্থিৰ কৰিলো, সম্ৰাটৰ ওপৰত আকৌ মই অধিকাৰ ওভতাই পাব লাগিব। মই আকৌ কৈ উঠিলোঁ-
ফকীৰ ঔৰঙ্গজেৱ এনেকুৱা মানুহ নহয় যে, বহিৰাভণৰ চাকচিক্যৰ দ্বাৰা মুগ্ধ হ'ব, আপোনাৰ
মনত আছেনে ঔৰঙ্গজেৱে কিদৰে তেওঁৰ দৰবেশ বন্ধুসকলৰ এক লক্ষ টকা প্ৰতাৰণা কৰিছিল? ঔৰঙ্গজেৱে সেই অর্থৰে কিছু মুক্তা
কিনিব খুজিছিল। কিন্তু তেওঁৰ ওস্তাদ শেখ মীৰবক্সে কৈছিল- এই মুক্তাতকৈও বৃহৎ
মুক্তা আছে এই হিন্দুস্থানত। যদি সেই মুক্তা লাভৰ ইচ্ছা থাকে, তেনেহ'লে এই অৰ্থেৰে সৈন্য সংগ্ৰহ কৰা, বৃহৎ মুক্তাখণ্ড তোমাৰ কৰতলগত হ'ব। ঔৰঙ্গজেৱে সেয়াই কৰিছিল। সেই সৈন্যৰে তেওঁ মোৰ চুৰাট বন্দৰ
অধিকাৰ কৰিছে। আগ্ৰাত আমাৰ মণিমুক্তাৰ প্ৰয়োজন নাই— আমাৰ লাগে অৰ্থ, সৈন্য, অশ্ব।
এইবাৰ মই নীৰৱ হ'লো— মোৰ ভয় হ'ল, মোৰ কণ্ঠস্বৰ আবেগ কম্পিত। পিতা মোৰ
ফালে অগ্ৰসৰ হ'ল।
তেওঁৰ দেহ ন্যূব্জ হৈ পৰিছে নেকি ?
তেওঁৰ চকুত সন্তান বাৎসল্য ফুটি উঠিছে নেকি ? যেনেকৈ শৈশৱত খেলোঁতে খেলোঁতে তেওঁৰ কোলাত
জঁপিয়াই পৰিছিলো!
পিতাই ক'লে- জাহানাৰা! তোমাৰ মনত নাই নেকি কোনে
মোক ঔৰঙ্গজেৱক ক্ষমা কৰিবলৈ অনুৰোধ কৰিছিল, তাক গুজৰাটৰ পৰা দাক্ষিণাত্যলৈ ওভতাই নিবলৈ অনুৰোধ কৰিছিল? সেই দাক্ষিণাত্যতেইতো ঔবঙ্গজেৱে সৈন্য
সমাৱেশ কৰিছে। মোৰ কপালত পিতাই তেওঁৰ উত্তপ্ত কৰতল বোলাই দিলে। পিতাই কৈ গ'ল তোমাৰ মনত পৰেনে? কিমানবাৰ তাক বিশ্বাস নকৰিবলৈ তোমাক
সাৱধান কৰি দিছিলো। দূৰৰ পৰা সাপ দেখিবলৈ সুন্দৰ, কিন্তু সৌন্দৰ্যৰ অন্তৰালত সাপে বিষ কঢ়িয়াই লৈ ফুৰে। জন্মৰ ছয়দিন
পাছত দাৰাৰ কপালত মই দুৰ্ভাগ্যৰ চিহ্ন প্ৰত্যক্ষ কৰিছিলো – কিন্তু ঔৰঙ্গজেৱৰ কপালত আছিল ৰাজতিলক।
অদৃষ্টৰ আৱৰণ যদি ক'লা
সূতাৰে বয়ন কৰা হৈ থাকে, বিশ্বৰ
সমগ্ৰ জলধাৰাই সেয়া বগা কৰিব নোৱাৰে। অৱনত হৈ মই পিতাৰ হস্ত চুম্বন কৰিলো। পিতাৰ
অভিযোগ প্ৰকৃতাৰ্থতেই সঁচা। দাৰা আৰু মই কিমানবাৰ ঔৰঙ্গজেৱৰ পত্ৰৰ দ্বাৰা
বিভ্ৰান্ত হৈছো। পত্ৰৰ মাজত কেনেকুৱা ভীষণ প্ৰৱঞ্চনা আছিল— সেয়া আমি বুজিব পৰা নাছিলো। কিমানবাৰ
পিতাৰ ওচৰত ঔৰঙ্গজেৱক সমৰ্থন কৰি ক্ষমা প্রার্থনা কৰিছো।
মই বাকশক্তি
হেৰুৱাই পেলালো। আজি ধাৰণা হৈছে,
সেই অপূৰ্ব গৌৰবৰ্ণ,
ক'লা
চকুৰ ৰাজকুমাৰ আমাৰ ফালে অগ্ৰসৰ হৈছে- যিদৰে বাঘ লোলুপ দৃষ্টিত চিকাৰৰ ফালে অগ্ৰসৰ
হয়। তেওঁ তৈমূৰ বংশৰ শেষ সন্তানক আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হৈছে নেকি? কিন্তু, ৰাজদণ্ডতো ছাহজাহানৰ হস্তচ্যুত হোৱা নাই!
আমি আগ্ৰাৰ অদূৰবৰ্ত্তী
চেকেন্দ্ৰাবাদত প্ৰৱেশ কৰিছোঁ। পিতা আৰু মই— আমি মাথোন দুজনে সেই বিৰাট প্ৰাচীৰৰ সুবিশাল তোৰণ অতিক্ৰম কৰিলোঁ। তাত বাদচাহ আকবৰে
সমাধিৰ অভ্যন্তৰত বিশ্ৰাম কৰিছে। আজিৰ দৰে মোক কেতিয়াও এই সমাধিৰ শুচিতাই অভিভূত
কৰিবপৰা নাছিল। ৰঙা প্ৰস্তৰেৰে নিৰ্মিত অতুলনীয় বিৰাট প্রাসাদৰ সন্মুখত নতজানু
হৈ আমি শ্রদ্ধা জনালোঁ। মই কিন্তু মোৰ মূৰৰ দ্বাৰা ভূমি স্পৰ্শ কৰি প্ৰণাম জনালো – সেয়া আছিল সম্রাট আকবৰৰ অনুশাসন। তাৰ
পাছত আমি সমাধিৰ শিলাতলত আৰোহণ কৰিলো। সমাধিৰ চাৰিওফালে আছিল বিভিন্ন দিশত
প্ৰসাৰিত তোৰণশ্ৰেণী আৰু বিচিত্ৰ কাৰুকাৰ্যময় মৰ্মৰ নিৰ্মিত ক্ষুদ্ৰ প্ৰাচীৰ
বেষ্টিত শিৱিৰ।
ইয়াত কোনো
মানুহ ভাৰাক্ৰান্ত নহয়, ইয়াত
কোনো অত্যাচাৰ নাই। ইয়াত মানুহে স্বস্তিৰ নিশ্বাস লয়। যিমানবিলাক মানৱ আত্মা, সিমানটা পথ ঈশ্বৰৰ ফালে অগ্ৰসৰ হৈছে— এই সত্য মই চোকেন্দ্ৰাবাদৰ প্রাসাদত
উপলব্ধি কৰিছিলো।
তেওঁৰ মৃত্যুৰ
পাছত দীন-ই-ইলাহী৩২ সম্প্ৰদায়ৰ মানুহ ইয়ালৈ আহি সন্মিলিত হওঁক, সম্রাট আকবৰৰ এই অভিলাষ আছিল নেকি? সম্রাট আকবৰে তেওঁৰ পাঁচমহল সমাধি নিৰ্মাণ কৰিবৰ
সময়ত সম্রাট অশোকৰ কথা ভাবিছিল নেকি? সম্রাট অশোকে সুচাৰু কাৰুকাৰ্যখচিত বিৰাট মন্দিৰোপম বৌদ্ধমঠলৈ তেওঁৰ
সংঘাশ্ৰমৰ শ্ৰমণসকলক আহ্বান কৰিছিল। তাত হাজাৰ হাজাৰ সংঘ-ভ্রাতা মৌমাখিৰ দৰে
প্ৰকৃতিৰ মৌচাকৰপৰা জ্ঞান আহৰণ কৰিছিল।
মোৰ সম্ৰাট পিতা
ক্রমশঃ চিন্তাকুল হৈ উঠিল— তোৰণৰ
কাষত ইতস্ততঃ পদচালনা কৰিবলৈ ধৰিলে। তেওঁ তেওঁৰ পিতামহৰ স্নেহৰ কথা স্মৰণ কৰিলে
নেকি? সম্রাট আকবৰ
মৃত্যুশয্যাত- ষড়যন্ত্ৰৰ আৱৰ্তত বিদ্রোহী পুত্ৰ
চেলিমে তেওঁৰ পিতাৰ সন্মুখত উপস্থিত হ'বলৈ সাহস গোটাব পৰা নাছিল; কাৰণ তেওঁ পিতাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল। সেই সময়ত খুৰামে
প্রতিজ্ঞা কৰিছিল— যিমান
দিনলৈকে সম্রাট আকবৰ জীৱিত থাকিব,
সিমান দিনলৈকে তেওঁ সম্রাটক ত্যাগ নকৰে। সম্রাট ছাহজাহানৰ আজি মনত
পৰিছে নেকি যে, এই
সমাধিত শায়িত মহাপুৰুষে সপোন দেখিছিল— এই শিশু ভবিষ্যতে এক বিৰাট ব্ৰত উদ্যাপন কৰিব।
মই তেওঁক প্ৰশ্ন
কৰিবলৈ সাহস গোটাব নোৱাৰিলো। মই ওপৰৰ মহলালৈ গুচি আহিলো— মহলাটো সম্পূর্ণ বগা মাৰ্বল পাথৰেৰে
নিৰ্মিত। সম্রাট আকবৰৰ সমাধি প্রকোষ্ঠটো আছিল প্ৰস্তৰ নিৰ্মিত জালেৰে আৱেষ্টনীবদ্ধ; দূৰৰপৰা ধাৰণা হয়, যেন শাৰীৱদ্ধ খিড়িকিৰ সমাৱেশ।
খিড়িকিৰ মাজেৰে উদ্যানৰ সেউজীয়া তৃণবোৰ মানুহৰ দৃষ্টিপথত ধৰা দিয়ে। সুবর্ণখচিত
সমাধিৰ গম্বুজটো আকাশৰ দৰেই গোলাকাৰ, শ্বেতমৰ্মৰ পুষ্প,
কৃষ্ণমণি ৰেখাঙ্কিত শৱাধাৰটো দিনত সূর্যালোকত আৰু নিশা চন্দ্রালোকত
অপূৰ্ব শ্রীমণ্ডিত হৈ উঠে। তলৰ মহলাৰ এটি গহ্বৰত বগা মৰ্মৰ শৱাধাৰত শায়িত আছে
হিন্দুস্থানৰ সৰ্বশেষ বীৰ। উদীয়মান সূৰ্যৰ ফালে তেওঁৰ মুখমণ্ডল ৰক্ষিত আছিল।
প্ৰাচীৰৰ গাৰ ক্ষুদ্র ছিদ্রপথত স্ফূৰিত সূর্যালোকে তেওঁক উদ্ভাসিত কৰি তুলিছিল।
সেই শুভ্ৰ
শৱাধাৰৰ সন্মুখত নতজানু হৈ মই প্ৰণাম কৰিলো— মোৰ চকুৰপৰা তপত অশ্রুবিন্দু মৰ্মৰ গোলাপৰ ওপৰত সৰি পৰিল, মই যদি প্রাচীন ঋষিসকলৰ দৰে অলৌকিক
শক্তিসম্পন্ন হলোঁহেঁতেন—“মোৰ
প্ৰাৰ্থনাৰ দ্বাৰা যদি মই সেই বিৰাট পুৰুষক পুনৰ্জীৱন দান কৰিব পাৰিলোহেঁতেন, তেনেহ'লে তেওঁ আমাৰ ভাৰতবৰ্ষক অন্ধকাৰ মুক্ত কৰিব পাৰিলেহেঁতেন। মোৰ ধাৰণা
হ'ল– তেওঁ সেই
প্ৰস্তৰ সমাধি ভেদ কৰি তেওঁৰ বুকু উত্তোলন কৰিলে আৰু প্ৰস্তৰখণ্ড বিচূৰ্ণ হৈ গ'ল। তেওঁ আৰ্তনাদ কৰি উঠিলঃ-
“মোৰ সাম্ৰাজ্যক চিৰন্তন কৰি দিয়া”
শিলৰ প্ৰাঙ্গণত
মোৰ পিতাৰ পদধ্বনি শুনিবলৈ পালো। মোৰ ইচ্ছা জাগিল, সম্রাট ছাহজাহান সমাধিত
অকলেই বিশ্রাম কৰক। সেয়ে মই দ্রুত পদক্ষেপত উদ্যানৰ ফালে গুচি আহিলো। এই উচ্চ
প্ৰাচীৰ বেষ্টিত পূণ্য-ভূমিখণ্ড যে মোৰ তীৰ্থস্থান— মোৰ চকুৰ সন্মুখত ৰঙা প্ৰান্তৰ নিৰ্মিত প্রাসাদভূমি মেৰুশীৰ্ষত পৰিণত
হ'ব, তাৰ বৃক্ষশীৰ্ষ চুম্বী মেৰুৰ বগা শিখৰ
দেবমন্দিৰ হ'ব।
সম্রাট আকবৰৰ সমাধি স্পৰ্শ কৰি চতুষ্কোণ বিসর্পিল পথশ্রেণী অতিক্ৰম কৰি গৈছে। তাৰ
মাজভাগ অতিক্ৰম কৰি শীৰ্ণ গড়খাৱৈ বৈ গৈছে। চাৰিখন নদীশাখা এটি নিভৃত কুঁৱাৰপৰা
নিঃসৃত হৈ চাৰিখন নদীত পৰিণত হৈ বৈ গৈছে; উত্তৰ, দক্ষিণ, পূর্ব, পশ্চিম দিশত— জননী
বসুন্ধৰাক উৰ্বৰা কৰি দিছে। মোৰ ধাৰণা হ'ল, এই
স্থানৰ সকলো বিটপীয়ে পবিত্র। বিটপী আচ্ছাদিত পথৰ মাজেৰে মই বাট বুলিছোঁ, মোৰ পদপ্ৰান্তত ডালিমবৃক্ষই জীৱনৰ
সন্ধান জনাই আছিল— আৰু
চাইপ্ৰাচ বৃক্ষই মৃত্যু ও অন্তৰৰ বাৰ্ত্তা জনাই আছিল।
ৰাজকোষৰ সোণ
নিঃশেষ হৈ গৈছে-- বগা কাপোৰ পৰিহিত মোল্লাসকলে চৰম
দাৰিদ্ৰৰ নামত সেই ফলৰাশি চয়ন কৰি নিছে। মোৰ কণ্ঠহাৰে মোক ভাৰাক্ৰান্ত কৰি
তুলিছে।
আগ্ৰাত পুনঃ প্ৰৱেশৰ
পূৰ্বে মোৰ বাসনা হ'ল-
আৰু এবাৰ মোৰ চাৰিওফালৰ বসুন্ধৰাক নিৰীক্ষণ কৰিবলৈ! মই বাহিৰ ফালৰ তোৰণৰ ওপৰত
আৰোহণ কৰিলো।
নীলাসলিলা যমুনা
নীলাকাশৰ নীলিমাৰ লগত ৰঙ মিলাই প্ৰান্তৰ অতিক্ৰম কৰি বৈ গৈছে— আগ্রা প্রাসাদৰ উচ্চ মিনাৰবোৰ মেঘৰ
কোলাত প্রাসাদৰ দৰে শোভা পাইছে;
সম্রাট আকবৰৰ পৰিত্যক্ত নগৰ ফতেপুৰ চিক্ৰীৰ প্ৰৱেশ তোৰণ দক্ষিণ আকাশৰ
পটভূমিত প্রতিভাত হৈ আছে, আৰু
কিমান দিন এই সেউজীয়া প্ৰান্তৰ সেউজীয়া হৈ থাকিব? তেজৰ সোঁত আৰু তেজৰ পদচিহ্ন কিমান দূৰলৈ বৈ যাব? আৰু কিমান দিন প্রাসাদৰ হৰ্ম্য উদ্যান
বিহংগমৰ নিৰ্ভয় সংগীতত মুখৰিত হৈ থাকিব? যুদ্ধৰ দামামা ধ্বনিয়ে কোনদিনা সিহঁতক নীৰৱ কৰি দিব ?
মই প্ৰত্যাশা
কৰিছো- মোৰ সহোদৰ ভ্ৰাতা-ভগ্নীসকলৰ লগত ক্রীড়া নিকেতন শৈশৱৰ ফতেপুৰৰ তোৰণ অতিক্ৰম
কৰি যাম। সম্ভৱতঃ তাত এনেকুৱা এটি মন্ত্ৰপূত বস্তু পাম, যাৰ প্ৰভাৱত ৰাজ্যৰ সকলো অকল্যাণ দূৰ
হৈ যাব।
ৰঙাপ্ৰস্তৰ
নিৰ্মিত আকবৰাবাদৰ প্রাসাদৰ ফালে অগ্ৰসৰ হৈছোঁ, তাত আজি মই বন্দিনী। প্রাসাদৰ বৰণ অস্তগামী সূৰ্য ৰশ্মিতকৈও অধিক
গাঢ় তেজৰৰণৰ হৈ উঠিছে। ৰাজপ্রাসাদৰ সন্মুখৰ বিপণীৰ জনপদ আজি জনহীন। এটি ক'লা পখী চিৎকাৰ কৰি সৌ জলাশয়ৰ পৰা উৰি
গুচি গ'ল। মই সেই অশুভ
চিঞৰত আতংকিত হৈ উঠিলো। মোৰ ইচ্ছা গ'ল, ছাহজাহানাবাদৰ ফালে মুখ কৰি চিঞৰি সেই পখীটোৰ
চিঞৰৰ প্ৰত্যুত্তৰ দিবলৈ।
আমি সেতুৰ
ওপৰেদি আগবাঢ়িছো, বাটত
এদল সুসজ্জিত অশ্বাৰোহী দিল্লী তোৰণৰ মাজেৰে আমাৰ পথ অতিক্ৰম কৰি যোৱা দেখিলো।
যুগল হাতী বাহিত শিৱিকা গৈছে— সম্রাট
তনয়া ৰোশেনাৰাৰ শিৱিকা অতি সুন্দৰ সূক্ষ্ম জালৰৰ আৱৰণৰে বেষ্টিত। এজন কিশোৰ
ক্রীতদাস সুবর্ণখচিত ময়ূৰৰ পাখিৰ পাখা দোলাই আছিল। সেই দৃশ্য মই জীৱনত কেতিয়াও
বিস্মৃত নহ'ম।
মোৰ ধাৰণা হ'ল, হাতী দুটাই আমাক পদদলিত কৰি গুচি যাব।
আমাৰ অগ্রগামী দল ৰৈ গ'ল।
তীব্ৰ আতৰৰ গোন্ধত সমগ্ৰ বতাহ আমোদিত হৈ উঠিল। মোৰ ভগ্নী ৰোশেনাৰা জালৰৰ আৱৰণ তুলি
আমাৰ ফালে চাই আছিল। মই তাইৰ চিত্ৰিত শুভ্ৰদন্ত পংক্তি অৱলোকন কৰিলো।
অশ্বাৰোহীদলক অগ্ৰসৰ হ'বলৈ
অনুমতি দিয়া হ'ল।
চাহজাদী সন্ধিয়াৰ প্ৰাৰ্থনাত যোগদান কৰিবলৈ জুম্মা মছজিদলৈ গৈ আছে। সেই মছজিদ
ময়ে নিৰ্মাণ কৰাই দিছিলো। সম্রাট ছাহজাহান শুষ্ককণ্ঠত নিজকে নিজে ক'লে- মোৰ ৰূপিত প্ৰতিটো বৃক্ষ শুভফলপ্রসূ
হোৱা নাই।
ৰাজপ্রাসাদত
প্ৰৱেশ কৰাৰ আগতেই উপলব্ধি কৰিলো যে, ৰাজ দৰবাৰৰ সকলো ব্যৱস্থা বিশৃংখল হৈ পৰিছে। শুনিলোঁ, শায়েস্তা খাঁ আৰু মীৰজুমলাৰ পুত্ৰ
আমীন খাঁই ঔৰঙ্গজেৱৰ ওচৰলৈ পত্ৰ লিখিছে- সম্ৰাটৰ জীৱন শেষ হৈ আহিছে, যদিও তেওঁ প্রতিদিন ঝাৰোখা দৰ্শনলৈ৩৩
আহি প্ৰজাসকলক দর্শন দিছে আৰু প্ৰজাসকলে তেওঁৰ দৰ্শন লাভ কৰিছে- কিন্তু মৃত্যু তেওঁৰ
সন্নিকট। সেই দুজনে মুৰাদক লিখিছে,
যেন তেওঁলোক সসৈন্যে আহি আগ্ৰাত উপস্থিত হয়। চোলেমান শুকোই তেওঁৰ
সুসজ্জিত সৈন্য বাহিনীলৈ শুজাৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিছে। তেওঁৰ আগ্ৰা প্ৰত্যাৱৰ্ত্তনৰ
আগতেই চাহজাদাদ্বয়ৰ আগ্ৰাত উপস্থিত হোৱা প্ৰয়োজন। সেই পত্ৰখন দাৰাৰ হাতত পৰিছে— সেই দুই বিশ্বাসঘাতকক কাৰাগাৰত
নিক্ষেপ কৰা হৈছে। সকলো প্ৰজা সিহঁতৰ বিচাৰৰ সংবাদ শুনাৰ কাৰণে ওৰেটো দিন দাৰাৰ প্রাসাদৰ সন্মুখত
অপেক্ষা কৰি আছে। কিন্তু দাৰাৰ মন আছিল কোমল। সূর্যাস্তৰ লগে লগে কাৰাগাৰৰ দুৱাৰ খোল খাই গ'ল— মোৰ ভগ্নী ৰোশেনাৰাই সিহঁতৰ মুক্তিৰ
ব্যৱস্থা কৰিছিল। চাওঁতে চাওঁতে আমাৰ পতনৰ বাটো সুগম হৈ গ'ল।
এইবাৰ মোৰ লেখনী
স্তব্ধ হৈ আহিছে: ধাৰণা হৈছে যেন অতীত দিনৰ সীমাহীন দুখৰ স্মৃতিয়ে মোক হতচেতন কৰি
পেলাইছে। পত্ৰাধাৰৰ চিয়াঁহী
তেজত পৰিণত হৈছে। হে পৱনদেৱ, সমগ্র
প্রভঞ্জন বিমুক্ত কৰি দিয়া। প্রভঞ্জন, তোমাৰ লগত সমস্ত মেঘ লৈ আহা। দিল্লীৰ ওপৰত তোমাৰ শোকাশ্ৰু বৰ্ষণ কৰা, দিল্লী তুমি আৰ্তনাদ কৰি উঠা।
মকৰাৰ জালৰ দৰে
নীৰৱে গুপ্তচৰৰ দল ৰাজদৰবাৰ আৰু শিৱিৰৰ সংযোগ ৰক্ষা কৰি গৈছে। মীৰজুমলাই ঘোষণা
কৰিছে যে, তেওঁ সম্রাট ছাহজাহানৰ পতাকা তলত আশ্ৰয় ল'ব। তেওঁৰ ভাষাত শক্তি আছিল, তেওঁৰ ব্যৱহাৰত আছিল চাক্চিক্য। দাৰা আৰু সম্রাটে
তেওঁৰ কথাত নিশ্চিতভাবে বিশ্বাস কৰিছে। কিন্তু সম্ৰাটৰ সমগ্ৰ সৈন্যাধ্যক্ষৰ ওচৰত ঔৰঙ্গজেৱে গোপন
সংবাদ প্ৰেৰণ কৰিছে— সম্রাট
মৃত, যদি আপোনালোকে
ঔৰঙ্গজেৱৰ পক্ষ সমর্থন কৰে তেনেহ'লে
আপোনালোকৰ বেতন বৃদ্ধি কৰা হ'ব।
যি বিধৰ্মী দাৰা হজৰত মহম্মদৰ বাণীৰ বিৰোধিতা কৰে সেই দাৰাৰ পক্ষ আপোনালোকৰ দৰে
বীৰৰ দলে কেনেকৈ সমর্থন কৰিব? সেনাপতিসকলে
কোৰাণ স্পৰ্শ কৰি প্ৰতিজ্ঞা কৰিলে,
যদি সঁচাকৈয়ে সম্ৰাট পৰলোকগমন কৰি থাকে, তেনেহ'লে সিহঁতে ঔৰঙ্গজেৱৰ পক্ষ সমৰ্থন কৰিব। কিন্তু সিহঁতে সঠিক খবৰ জনাৰ
কাৰণে দূত প্ৰেৰণ কৰিলে— সঁচাকৈয়ে
সম্রাট ছাহজাহান মৃত নে জীৱিত। কিন্তু যিসকলে সংবাদ সংগ্ৰহ কৰিবলৈ আহিছিল— প্ৰত্যাৱৰ্ত্তনৰ বাটত সিহঁতৰ প্ৰত্যেকক
নর্মদা নদী অতিক্ৰম কৰাৰ পাছত পৰীক্ষা কৰা হ'ল, যিসকলৰ
ওচৰত সঠিক সংবাদ আছিল সিহঁতৰ মস্তক স্কন্দচ্যুত কৰা হ'ল।
এই পন্থা
অৱলম্বন কৰি ঔৰঙ্গজেৱে পিতাৰ সকলো সেনাপতিক নিজৰ পক্ষত টানি ল'লে। একমাত্র মহবং খাঁই তেওঁৰ সৈন্যলৈ
স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰিলে আৰু তাৰ পাছত আগ্ৰালৈ গুচি আহিল। তেওঁ তেওঁৰ বংশৰ
মৰ্যদা ৰক্ষা কৰিছিল, তেওঁৰ
তেজত আছে ৰাজপুতৰ বীজ, তেওঁক
এদিন মই ভ্ৰাতাৰ মৰ্যদা দিছিলো।
দাক্ষিণাত্যৰ
পৰা যাত্ৰা কৰাৰ আগত ঔৰঙ্গজেৱে তেওঁৰ প্ৰত্যেক সৈন্যাধক্ষ্যক নতজানু হৈ তেওঁৰ
বিজয়ৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ক'লে। প্ৰাৰ্থনাৰ শেষত ঔৰঙ্গজেৱে আলেকজেণ্ডাৰৰ বিৰুদ্ধে দৰায়ুসৰ
অভিযানৰ সময়ৰ উক্তিৰ পুনৰাবৃত্তি কৰিলে, 'হয় আমি আমাৰ শত্ৰুৰ শিৰশ্ছেদ কৰিম, নহ'লে মোৰ মূৰ বিচ্ছিন্ন হ'ব।'
ঔৰঙ্গজেৱে
জানিছিল, প্রার্থনা সফল
কৰাৰ কৌশল। বলখৰ যুদ্ধৰ সময়ত যেতিয়া ঔৰঙ্গজেৱে বোখাৰাৰ চুলতানৰ অসংখ্য সৈন্যৰ
বিৰুদ্ধে সম্রাটৰ সৈন্য পৰিচালনা কৰিছিল— তেওঁৰ প্ৰশংসাত তেতিয়া সমগ্ৰ মুছলিম জগৎ মুখৰিত হৈ উঠিছিল।
দ্বিগ্ৰহৰ নামাজৰ সময়ত ঔৰঙ্গজেৱ হাতীৰ পিঠিৰপৰা অৱতৰণ কৰি যুযুধান সৈন্যসকলৰ
মাজলৈ গৈ নতজানু হৈ স্থিৰভাৱে সম্পূর্ণ নামাজ আদায় কৰিছিল। বোখাৰাৰ চুলতান আব্দুল
আজিজে চিঞৰি কৈ উঠিছিল— এনেকুৱা
মানুহৰ বিৰুদ্ধে যুদ্ধ কৰা মৃত্যুৰ সমতুল্য। তাৰ পাছতেই দামামা ধ্বনিৰে যুদ্ধ
বিৰতি ঘোষণা কৰা হৈছিল।
উজ্জয়িনীৰ
যুদ্ধ হৈছিল ৰজব মাহত। মুৰাদ সিংহবিক্ৰমে আমাৰ পিতাৰ বন্ধু ৰজা যশোবন্ত সিংহ ও
আমাৰ পক্ষ সমর্থনকাৰী ৰাজপুত বীৰসকলক পৰাজিত কৰিছিল, কাৰণ আমালোকৰ মুছলমান সেনাধ্যক্ষ আছিল বিশ্বাসঘাতক। সিহঁতে সিহঁতৰ
সমস্ত গোলা-বাৰুদ ঔৰঙ্গজেৱৰ কাৰণে মাটিৰ তলত পুতি পেলাইছিল আৰু যুদ্ধৰ সময়ত স্বয়ং
সসৈন্যে অনুপস্থিত আছিল। পৰাজিত হৈ যশোৱন্ত সিংহ যেতিয়া ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ মহিষীয়ে দুৰ্গদ্বাৰ
বন্ধ কৰি দি কৈছিল- পৰাজিত স্বামীৰ অভ্যৰ্থনা কৰাতকৈ বিধবা হৈ স্বামীৰ জলন্ত চিতাত
আৰোহণ কৰাই শ্রেয়ঃ। ৰাজপুত যুদ্ধত জয়লাভ কৰে অথবা মৃত্যু বৰণ কৰে ।
উজ্জয়িনীৰ
যুদ্ধৰ পাছত বিজয়ী ভ্ৰাতৃদ্বয়ৰ সৈন্য আগ্ৰাৰ ফালে অগ্ৰসৰ হ'ল। অত্যন্ত হতাশ হৈ পিতাই আকাশৰ ফালে
হাত উত্তোলন কৰি চিঞৰি উঠিল- “ইয়া
আল্লাহ, তেৰী ৰেজা” (হে ঈশ্বৰ, তোৰ ইচ্ছা।) মোৰ পাপৰ শাস্তি ভোগ কৰিছোঁ, এই শাস্তি মোৰ প্ৰাপ্য। তেওঁ স্বয়ং
যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ আদেশ দিলে- সৈন্য সমাৱেশ কৰা।
হিন্দুস্থানৰ
বিৰুদ্ধে সৈন্য পৰিচালনাৰ সময়ত তৈমূৰে সাধাৰণ সৈনিকৰ দৰে স্বয়ং যুদ্ধ কৰা নাই নে? ছাহজাহান যদি স্বয়ং যুদ্ধত অৱতীৰ্ণ হ'লহেঁতেন, দেশৰ জনসাধাৰণে জানিলেহেঁতেন যে, সম্রাট জীবিত। যদি সম্রাট ছাহজাহান সৈন্যদলৰ সন্মুখ ভাগত থাকিলহেঁতেন, তেনেহ'লে বাবৰৰ ভাৰতবৰ্ষত,
আকবৰৰ ভাৰতবৰ্ষত কি পৰিস্থিতি হ'লহেঁতেন কোনে জানে?
এটি মাথোন মূস্তিষ্কই সকলো
অংগ পৰিচালনা কৰে- আজি যিসকলে সম্ৰাটৰ বিৰুদ্ধে অগ্ৰসৰ হৈছে, সিহঁতৰ প্ৰত্যেকেইতো সম্ৰাটৰ সৈন্য, সিহঁতৰ আটায়ে সম্ৰাটৰ ওচৰত কৃতজ্ঞতাৰ
বন্ধনত আৱদ্ধ। তেতিয়াও দিল্লীৰ সিংহাসনৰ মৰ্যদা অক্ষুণ্ণ আছিল। গৃহৰ প্ৰদীপ যিদৰে
দূৰৰ পথিকক আকৰ্ষণ কৰে, তেনেকৈ
ৰাজমুকুটৰ দীপ্তি শিখাই দেশক আলোকিত কৰে।
কিন্তু
বিশ্বাসঘাতকৰ দলে বেলেগ ব্যৱস্থা গ্ৰহণ কৰিছিল, সিহঁতে তেনেকুৱা হ'বলৈ
দিয়া নাছিল। সম্ৰাটৰ খুলশালি শায়েস্তা খাঁৰ হৃদয়ত আছিল— তীব্ৰ ঘৃণা, কণ্ঠত আছিল উপদেশৰ সুৰ। শায়েস্তা খাঁৰ
দৰে খলিলুল্লাহ খাঁই তেওঁৰ স্ত্ৰীৰ
অপমানৰ গ্লানি বিস্মৃত হোৱা নাছিল।৩৪
সিহঁতৰ দুজনেই জানিছিল, মিঠা
কথাত সম্ৰাটৰ সিদ্ধান্ত সলনি কৰা সম্ভৱ।
দুষ্টবুদ্ধিৰ
চয়তান এসময়ত স্বৰ্গৰ দুৱাৰৰ কাষত থিয় হৈ গোপনে সৃষ্টিৰ গোপন ৰহস্যৰ কথা
জানিছিল। এইবাৰ চয়তান তাৰ কামনা পূৰ্ণ কৰিবলৈ অগ্ৰসৰ হ'ল। সম্রাটে ৰাজদৰবাৰৰ ৰাজপুত বীৰ ৰামসিংহ
আৰু বুন্দীৰাজ ছত্রশালক সকলো অমাত্যৰ ওপৰত আসন দান কৰিছিল। সম্ৰাটৰ আহ্বানত ৰজা
ছত্রশাল বিলোচপুৰৰপৰা আহি আগ্ৰাত উপস্থিত হোৱাৰ আগতেই আমি দিল্লীৰপৰা আগ্ৰালৈ গুচি
আহিছিলোঁ। বহুদিন মই মোৰ
ৰাখীবন্ধন ভাইৰ দৰ্শন পোৱা নাই— মই তেওঁৰ সেই মাৰাত্মক পত্ৰ খুলি পঢ়াৰ পাছত আৰু তেওঁৰ দৰ্শন পোৱা
নাই।
নিশা প্ৰভাত হৈ
আহিছে। এটি ধূসৰ দেহৰ ৰঙা ডেউকাৰ পাৰ দূত প্ৰেৰণ কৰা হ'ল। পাৰটোৱে ৰজা ছত্রশালক আহ্বান কৰি
ৰাজদৰবাৰলৈ লৈ আহিব।
গ্রীষ্ম কালি; অসংখ্য ফুল ফুলিছে ভোমোৰাৰ গুঞ্জনত চৌদিশ
মুখৰিত। পুষ্প পাপৰিৰ সুগোন্ধে আঙ্গুৰীবাগ ভাৰাক্ৰান্ত কৰি তুলিছে। পিতাই পৰামৰ্শৰ
কাৰণে ৰজা ছত্রশালক খাচ মহললৈ আহিবলৈ আহ্বান জনাইছে। তেওঁ সূৰ্যবীথিৰ মাজেৰে
অতিক্ৰম কৰাৰ সময়ত মই তেওঁক দেখাৰ উদ্দেশ্যে গন্ধৰাজকুঞ্জৰ অন্তৰালত লুকাই
থাকিলো।
বগা মাৰ্বল-জালৰ
মাজেৰে যমুনাৰ পানী গোলকুণ্ডাৰ হীৰকখণ্ডৰ দৰে বিচ্ছুৰিত হৈ পৰিছিল। মৃদু বতাহে মোৰ
অৱগুণ্ঠন মুক্ত কৰি দিছিল। মই পদধ্বনি শুনিছিলো, নে মোৰ বুকুৰ প্ৰতিধ্বনি শুনিছিলো? কিমান দিন সেই বিৰাট মহান পুৰুষ সমাধিৰ মানৱতকৈও মোৰ ওচৰত মৃততৰ
আছিল। কিন্তু যদি কোনোবাই মোৰ ওচৰত দিল্লীৰ সিংহাসনৰ সাহায্যকল্পে দৌলাতাবাদ ও
গুলবৰগাৰ ৰণক্ষেত্ৰৰ ৰাজপুতৰ বিজয় কাহিনী শুনালেহেঁতেন, মই উচ্ছ্বসিত হৈ উঠিলোহেঁতেন। মোৰ
ধাৰণা হ'লহেঁতেন যেন
ময়ে বিজয়িনী, মই
সেই বিজয়ী বীৰৰ কাষত থিয় দি আছো। অথবা কেতিয়াবা ভীষণ হতাশাগ্রস্ত হৈ উঠিছিলো, ধাৰণা হৈছিল যেন তেওঁৰ শত্ৰুৰ দৰে ময়ো
নিষ্পেষিত হৈ গ'লো।
মৃদু
চন্দ্ৰালোকত বীণাৰ সুৰত মোৰ অতীতৰ স্মৃতি সুপ্ত আত্মাৰ দৰে জাগি উঠিল— যিদৰে সিহঁত শেষ বিচাৰৰ দিনা জাগি উঠিব; অতীত মোৰ ওচৰত জীৱন্ত হৈ উঠিল। আজি মোৰ
সকলো স্মৃতি বাস্তৱৰ সংঘাতত প্ৰাণহীন ছাঁলৈ পৰ্যবসিত হ'ব নেকি ? মোৰ স্মৃতি মোৰপৰা কাঢ়ি লোৱা হ'ব নেকি? বহুদিনেইতো
তেওঁ মোৰ পৰম শত্ৰুৰ আদেশ পালন কৰিছে; এয়া সিদিনাইতো তেওঁ তেওঁৰ দেশলৈ প্ৰত্যাৱৰ্ত্তন কৰিছে— তেওঁ নিজৰ প্রাসাদলৈ প্ৰত্যাৱৰ্ত্তন
কৰিছে....।
মই মৃতৰ দৰে
শীতল কঠোৰ হৈ উঠিলো। তাৰ পাছত মই প্ৰভাতৰ নীলাকাশৰ প্ৰচ্ছদপটত তেওঁৰ শুভ্ৰ উষ্ণীষ
দেখিলো। অলৌকিক ঘটনা বলত মৃত ব্যক্তিৰ মাজত প্ৰাণ সঞ্চাৰ হ'লে যিদৰে মানুহ চঞ্চল হৈ উঠে, তেনেকৈ মোৰ তেজৰস্রোত-প্রবাহত মই চঞ্চল
হৈ উঠিলো। সেই তেজৰ লগত জুই
আছিল। তেওঁৰ অৱয়ৱ অতীত দিনৰ দৰে সুঠাম; বয়সে তেওঁৰ কপালৰ ৰেখাবোৰ কুঞ্চিত কৰি
পেলাইছিল; কিন্তু
তেওঁৰ দৃষ্টিত পূৰ্বৰ দৰেই দীপ্তি আছিল। তেওঁৰ অস্ত্ৰৰ জনজননি শুনিছিলো— তেওঁৰ পদধ্বনি ক্ৰমশঃ ক্ষীণতৰ হৈ গ'ল। প্ৰেমৰ আতিশয্যত আৰু হতাশাৰ পীড়নত
মই ভূমিত লুটি খাই পৰিলো— মুখৰ
ওপৰত অৱগুণ্ঠন টানি ল'লো।
অতীতে মোৰ বৰ্তমানক আচ্ছন্ন কৰি দিলে। নিশা বহু দূৰাগত ঐক্যতানৰ অবিস্মৰণীয় সুৰৰ
দৰে মৌমাখিবোৰে মোৰ কাণত ক্ৰন্দন ধ্বনি তুলিছিল; নিমীলিত চকুৰে মই সন্ধ্যাতৰাৰ উজ্জ্বলতা উপলব্ধি কৰিছিলো। প্রতিটো
ফুল সুবাসত উচ্ছ্বসিত; নিজৰাৰ
জলধাৰা অতি মৃদুগতিত বৈ আছিল, যিদৰে
সিদিনা আছিল—আজিও
....
সৌৱা শুনা, এয়া বজ্ৰৰ ধ্বনি নেকি ? সৌৱা দূৰৰ পৰা ভাহি আহিছে! এতিয়া
তেওঁৰ শেষ পত্ৰখন পঢ়িছো। “মোগল
ৰাজকুমাৰীৰ আলেখ্য সংগ্ৰহৰ মাজত চৌহান ৰাজপুতৰ চিত্ৰপট শোভা পাব নোৱাৰে।”
মই আবেগত
গাত্রোত্থান কৰিলো। মোৰ ধমনী ৰক্তস্রোত প্রবাহত স্ফীত হৈ উঠিছে; মোৰ মনত পৰিছে— মোৰ হৃদয়ত নৃত্য আৰম্ভ হৈছিল; সেই নৃত্য যেন পর্বত শিখৰ অভিমুখে
ধাৱিত হৈছিল।
মোৰ মনত পৰে, মই বহুদিন ঈশ্বৰক পাহৰি জীৱন যাপন
কৰিবলৈ বিচাৰিছিলো; বিষবৃক্ষৰ
ৰস সিঞ্চন কৰি মোৰ ব্যথাৰ প্ৰলেপ তৈয়াৰ কৰিছিলো। মই যাক ভাল পাইছিলো– তেওঁক মই কি তীব্ৰ ঘৃণা কৰিছো। সেই
অতি পৰিচিত বীৰ আছিল। সেই অতিপৰিচিত বীৰ আছিল অপৰিচিততম, বেলেগ ৰাজবংশৰ সন্তান। তেওঁ মোক সাহায্য নকৰি
প্ৰতাৰণা কৰিছিল.......
মৰ্মৰ স্থল
অতিক্ৰম কৰি মই দ্রুত পদক্ষেপত বুৰুজৰ ফালে অগ্ৰসৰ হ'লো। যমুনা সূৰ্য কিৰণত উত্তপ্ত হৈ
উঠিছিল, কিন্তু যমুনাৰ
পানীতল সুশীতল হৈ আছিল। মই যমুনাৰ উচ্ছল জলতৰংগৰ ফালে হাত প্ৰসাৰিত কৰিলো। আঃ— মই যদি এই জলতৰংগত বিলীন হৈ যাব
পাৰিলোহেঁতেন!
এঘণ্টাৰ ভিতৰত
আমি ফতেপুৰ চিক্ৰীৰ ফালে অগ্ৰসৰ হ'লো— শৈশৱৰ পাছত মই কোনোদিন চিক্ৰীৰ বাটত ভৰি
দিয়া কৰা নাই। দ্রুতগামী অশ্ব লঘুভাৰ শকটত সংযোজিত হৈছিল— সেই শকটটো সম্রাজ্ঞী নূৰমহলে ব্যৱহাৰ
কৰিছিল। ভৃত্য “হাজীৰ” আৰু বিশ্বস্ত ক্রীতদাসী “কোয়েল”ৰ বাহিৰে মোৰ লগত বেলেগ কোনো সংগী নাছিল।
সিদিনা বতাহ
আছিল উষ্ণ, মাজে
মাজে ভীষণ উদ্দাম প্রভঞ্জনে উষ্ণ বায়ু ৰাশিক মথিত কৰি আসন্ন ধুমুহাৰ আভাস দি
আছিল। আমি এখন গাঁও অতিক্ৰম কৰি গৈ আছো। পথৰ কাষৰ জনতা আমাৰ ফালে সতৃষ্ণ নয়নে চাই আছিল, কাৰণ ৰাজ পৰিবাৰৰ সন্তান সাধাৰণতঃ শকটত
আৰোহণ নকৰে।
শগুণৰ দল শৱদেহৰ
কাষত ঘূৰি ফুৰি আছিল। কাউৰীবোৰে গোবৰৰ দ'মৰ কাষত কৰ্কশভাবে চিঞৰি আছিল। নিৰ্জন পথাৰৰ কাষৰ বাটত ময়ূৰবোৰে
ইতস্ততঃ বিচৰণ কৰি আছিল। জলাভূমিৰ কাষত পানীকাউৰীবোৰে পাখি সংকোচিত কৰি বহি আছিল।
অৱশ্যে এইবোৰ দৃশ্য অপ্রত্যাশিত নহ'লেও
কিছু আশ্চর্যজনক আছিল। মাথোন ধাৰণা হৈছিল, জীৱন্ত মানৱ, পশু-পক্ষী
কেনেকৈ নির্বিঘ্নে নিশ্বাস গ্রহণ কৰে। গভীৰ অস্বস্তিত মই মাথোন তাকেই ভাবি আছিলো।
মই ধূলিৰ মেঘৰ মাজত আমাৰ অগ্রগামী বাহিনীৰ তৰোৱালৰ চমক প্ৰত্যক্ষ কৰি আছিলো, মোৰ ধাৰণা হৈছিল যেন তৈমূৰৰ সেনাদল গৈ
আছে— যিসকলে তৈমূৰৰ
বিজয়ৰ বাট সুগম কৰিছিল; অভেদ্য
কৃষ্ণবৰ্মৰ শক্তিত সিহঁতে বায়াজেদৰ৩৫ বিংশ সহস্ৰ কৃষ্ণবৰ্মধাৰী
সেনাদলক অক্লেশে ধ্বংস কৰিছিল।
হঠাৎ মই এক অপুর্ব
শক্তি অনুভৱ কৰিলো, আঙ্গুৰীবাগত
যি দৃশ্য প্রত্যক্ষ কৰি আহিছো, সেয়া
যেন দৃঢ় সংকল্পৰে মোৰ মাজত মূৰ্ত্ত হৈ উঠিল। মই ৰাজপুতৰ হৃদয় জয় কৰিম-
পৰিপূৰ্ণভাবে জয় কৰিম। তেওঁ মোৰ আগত নতজানু হৈ ক্ষমা প্রার্থনা কৰিব। তেওঁ আকৌ
ছাহজাহানক সাহায্য কৰাৰ প্ৰতিশ্ৰুতি দিব। কিন্তু জনশ্ৰুতিত শুনিছোঁ, ৰাজপুতবীৰে নেকি বিশ্বাসঘাতকতা কৰাৰ
উপক্ৰম কৰিছে। তেওঁ সঁচাকৈয়ে প্রতিশ্রুতি ভংগ কৰিব নেকি ?
কিন্তু জয়লাভ
কৰাযে আমাৰ কাৰণে অত্যন্ত প্রয়োজন। আমি দুজনে সন্মিলিত হৈ জয়লাভ কৰিম। আমি আকবৰৰ
প্ৰতিষ্ঠিত ফতেপুৰ চিক্ৰীত জয়লাভৰ কাৰণে প্ৰাৰ্থনা কৰিম। মই বহুদিন ভাবিছো যে, ফতেপুৰলৈ মই তীর্থ যাত্ৰা কৰিম। মই মনে মনে
স্থিৰ কৰিছো যে, তালৈ
মই তীর্থ যাত্ৰা কৰিম। মোৰ নিশ্চিত ধাৰণা যে, সেই বিৰাট পুৰুষে স্বয়ং বাহু তুলি আশীর্বাদ দিব। চিস্তীৰ সমাধিৰ
কাষত ফতেপুৰ—“বিজয়নগৰ”।
আমি নহবতখানাৰ
প্ৰস্তৰ নিৰ্মিত চোতালত অশ্বক্ষুৰধ্বনি শুনিছোঁ। এই নহবৎখানাত সম্রাট আকবৰৰ
বাদকসকলে ফতেপুৰ চিক্ৰীৰ বাটত এই স্থানত নানা সুৰে তেওঁক অভিনন্দন জনাইছিল। দ্রুত
পদক্ষেপত মই জুম্মা মছজিদৰ বাটৰ বিৰাট শিলৰ প্ৰাংগণত উপস্থিত হ'লো। বুলন্দ দৰজাৰ৩৬ দৰে
বিৰাট তোৰণ পৃথিৱীৰ আন ক'ৰবাত
বিচাৰি পোৱা যাব নেকি? বিজয়ৰ
পাছত সম্রাট আকবৰে এই বিৰাট তোৰণ নিৰ্মাণ কৰাইছিল।– এই তোৰণ মাথোন বিজয়স্তম্ভৰ পৰিকল্পনাৰ অংশ নাছিল— এই সুবিশাল তোৰণৰ ছাঁত তেওঁ তেওঁৰ
সাম্ৰাজ্যৰ আশ্ৰয়প্ৰাৰ্থীসকলৰ আশ্ৰয় দানৰ সংকল্পও গ্ৰহণ কৰিছিল।
প্ৰেমৰ সুধা
ধাৰাত যদি ফতেপুৰ চিক্ৰীৰ শিলৰ প্ৰাঙ্গণ পৰিধৌত কৰিব পাৰিলোহেঁতেন! মাথোন মই খালী
ভৰিত সেই তোৰণৰ শিলৰ প্ৰাংগণ অতিক্ৰম কৰি আহিলো।
যীশুই কৈছিল-“এই জগৎ এক সেতু মাথোন; সেই সেতু অতিক্ৰম কৰা, ইয়াত কোনো গৃহ নিৰ্মাণ নকৰিবা। ইহজগতত
যিজনে এটি নিষ্পাপ মুহূৰ্ত যাপন কৰে, তেওঁ অনন্তৰ সন্ধান পায়। এই জগত অনন্তৰ এটি
ক্ষণমাত্ৰ। সেই ক্ষণটো ভক্তিত পৰিপূৰ্ণ কৰি দিয়া। অৱশিষ্ট সকলো মানৱৰ অগোচৰ।
ঘোঁৰাৰ নালৰ
আকৃতিৰ তোৰণখনৰ মাজেৰে খোজকাঢ়ি মছজিদত প্ৰৱেশ কৰিলোঁ। সম্ৰাট আকবৰৰ চহৰত পৃথিৱীৰ
সকলো শব্দ নিস্তব্ধ হৈ পৰে। এই চহৰখন চিৰদিনৰ বাবে পৰিত্যক্ত হৈ পৰিছে, তথাপিও যেন ধাৰণা হয়, এই চহৰখন কালিহে
সৃষ্টি হৈছে। যেন সূৰ্য্যৰ ৰশ্মিত গা ধুই থকা পৃথিৱীৰ সৰ্ববৃহৎ এই মন্দিৰ পৰিসৰটো জীৱনৰ
অদৃশ্য প্ৰস্ৰবণে পৰিধৌত আত্মাক আদৰিবলৈ আজিও অপেক্ষা কৰি আছে ।
ইয়াত প্ৰকাণ্ড সুদীৰ্ঘ
স্তম্ভবোৰ সুন্দৰকৈ সজাই থোৱা হৈছে। ক’ৰবাত খুঁটাবোৰ প্ৰাচীৰৰ ছিদ্ৰ সংলগ্ন ছাদৰ লগত মিলি যায়। স্তম্ভবোৰৰ
সংমিশ্ৰণত মধ্যভাগত চতুষ্কোণৰ সৃষ্টি কৰিছে, আৰু এটা মূৰৰ পৰা আনটো মূৰলৈকে প্ৰসাৰিত দৃষ্টিয়ে মানুহক অতীতৰ
স্মৃতিবোৰ স্মৰণ কৰাই দিয়ে- বগা ৰেচমবস্ত্ৰ পৰিহিত মানুহৰ শোভাযাত্ৰা চলি আছে। সিহঁতে
দীন-ই-ইলাহি ধৰ্মমত গ্ৰহণ কৰি স্তম্ভ শ্ৰেণীৰ মাজেৰে নতুন দৃষ্টিৰে জীৱন আৰু
দৰ্শনৰ সপোন দেখিছে। বহু আগৰ কাহিনী নহয়, যেতিয়া এই শিলবোৰে ছাত্ৰ-ছাত্ৰীৰ চৰণক্ষেপত মুখৰিত হৈ উঠিছিল।আজি
তাত একমাত্ৰ আমাৰ চৰণ ধ্বনি। ইয়াতেই স্তম্ভসংলগ্ন ক্ষুদ্ৰ কোঠালিবোৰত
ফতেপুৰ বিশ্ববিদ্যালয় অৱস্থিত আছিল। ফতেপুৰৰ পবিত্ৰ ভূমিতেই সম্ৰাট আকবৰৰ উদাৰ
নীতিৰ উন্মেষ ঘটিছিল। সেই নীতি অনুসৰি গণিত, চিকিৎসা, ইতিহাস
আৰু দৰ্শনৰ স্থান কোৰআনৰ ওপৰত নিৰ্ধাৰণ কৰা হৈছিল। দিনে নিশাই পণ্ডিতসকলে ফতেহপুৰত
বিশ্বৰ বিভিন্ন ভাষাত লিখা গ্ৰন্থ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল।
কিন্তু আজি আৰু
তাত ৰাতি কোনো আলোক নজ্বলে, তৰুণ জ্ঞানান্বেষী জ্ঞানৰ সন্ধানত মছজিদৰ মিনাৰত
থিয় হৈ আকাশত তৰাৰ গতিবিধি নিৰীক্ষণ নকৰে, আজি একান্তভাৱে জীৱনৰ সমস্যা সমাধানৰ বিষয়ে আলোচনা নকৰে।
মই সেই সমাধিৰ
কাষত উপস্থিত হ’লোঁ— মই পূজাবেদীটো সানুদেশ অতিক্ৰম কৰি
আহিলোঁ- তাৰ অভ্যন্তৰত আছিল স্তম্ভশীৰ্ষ বিশাল প্ৰকোষ্ঠৰাজি। সমগ্ৰ বিশ্বতে এনে কোনো ধৰ্মীয় মন্দিৰ
আছেনে—য’ত একক মানুহৰ প্ৰচেষ্টাত ইমান কম সময়ৰ
ভিতৰতে অপৰূপ সৌন্দৰ্য্যই এক অনন্য ৰূপ ধাৰণ কৰিছে? গম্বুজৰ তলত সেই বিশাল কক্ষৰ অভ্যন্তৰত প্ৰাচীৰ আৰু ছাদৰ ব্যৱধানৰ মাজত
মানুহৰ চকুত কি অপৰূপ সৌন্দৰ্য ধৰা পৰে? তাত অলপ ঠাই নাই য’ত— কাৰুশিল্প, কাৰুকাৰ্য্য, সূক্ষ্ম চিত্ৰকলা, মিনাশিল্প ইত্যাদি ভাস্কৰ্য্যৰ বিচিত্ৰ
সমন্বয় নাই।
ক’তো অসামঞ্জস্যতা নাই, এটা ৰং আন এটা ৰঙৰ সংস্পৰ্শত ক’ৰবাত কোমলতৰ বা ক’ৰবাত সমৃদ্ধতৰ হৈ উঠিছে। সেই
শিল্পনৈপুণ্য শিল্পীৰ বৈশিষ্ট্যৰ পৰিচায়ক প্ৰৰ্থনাবেদীৰ সন্মুখত আজিও প্ৰদীপ
জ্বলিছে। মই নতজানু হৈ প্ৰাৰ্থনা কৰি আছিলো যদিও হঠাতে এক অদ্ভুত আনন্দৰ
অনুভূতিয়ে মোক অভিভূত কৰিলে। মই সমৰকন্দৰ
দিলখুছ প্ৰাসাদৰ কথা ভাবিলোঁ- সেই ৰাজপ্ৰাসাদে
আছিল মৃত্যুহীন টাইমুৰৰ বাসস্থান। ৰজা বাবৰে তাঁৰ আত্মজীৱনীত সেই ৰাজপ্ৰসাদৰ কথা
উল্লেখ কৰিছে; ইৰাণ
দেশত আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গৰ সপোন দেখিছিল। সেই কাহিনীটো মোৰ স্মৃতিত জিলিকি
উঠিল— প্ৰাচীৰৰ গাত
থকা অদ্ভুত ফুলবোৰ প্ৰাণ পাই উঠিল,
প্ৰাচীৰৰ গাত খোদিত কৰা কোৰআনৰ আৰবী আখৰবোৰ জীৱন্ত ফুলৰ দৰে ইতস্ততঃ
পৰিভ্ৰমণ কৰিবলৈ ধৰিলে।
মোৰ আগমনৰ খবৰটো
চাৰিওফালে বিয়পি পৰিল। নিষেধাজ্ঞাৰ মাজতো বহু ভিক্ষাৰী সমাধিলৈ আহিল। এজন সুদৰ্শন
ডেকা, চকুত উন্মাদ চাৱনি; সি জোৰেৰে চিঞৰিলে—“আল্লাহ আকবৰ!” গম্বুজৰ শূন্যতাত শব্দটো প্ৰতিধ্বনিত হ’ল—‘আল্লাহ আকবৰ!” এক
তীব্ৰ কম্পনে মোৰ মেৰুদণ্ডৰ তললৈ শিহৰণ জগাই দিলে—“আল্লাহ আকবৰ।” এই ধ্বনিয়ে
যেন টাইমুৰৰ বংশক উপহাস কৰি গ’ল- “আমি সঁচাকৈয়ে আল্লাহক পাহৰি গৈছিলোঁ।”
সমাধিটো পাৰ হৈ
স্তম্ভ কক্ষত উপস্থিত হ’লোহি। কিন্তু মই হিন্দুস্থানৰ
কথাবোৰ ভাবি আছিলোঁ—আৰু
হিন্দুস্থপতিৰ আদৰ্শ অনুসৰি পৰিকল্পিত সম্ৰাট আকবৰৰ স্তম্ভবোৰ নিৰীক্ষণ কৰিলো।
প্ৰাৰ্থনাবেদীৰ সন্মুখত চাৰিওফালে থকা পদুমৰ পাহিবোৰে গৌতম বুদ্ধৰ জীৱন কাহিনী
ভাষাত কৈ আছিল। শাক্যমুনি বোধিতৰুমূলত যিসত্য উপলব্ধি কৰিছিল- সেই সত্যই এসময়ত
তৈমূৰৰ চকুত অতি ক্ষীণ ছায়াসম্পাত কৰিছিল। টাইমুৰে শৈশৱত কেতিয়াও কোনো জীৱক আঘাত
কৰা নাছিল, এনেকি এটা পৰুৱাও পদদলিত কৰা নাছিল। এদিন সম্ৰাট
আকবৰে চিকাৰ কৰিবলৈ ওলাই গৈছিল। বনৰীয়া জীৱ-জন্তুবোৰ চিকাৰ বৃত্তটোত প্ৰৱেশ
কৰিছিল— চিকাৰীৰ তীব্ৰ
উন্মাদনা। অগণন পশুৰ মৃত্যু আসন্ন। হঠাত
সম্ৰাটে নিজৰ ঘোঁৰাটোক সংযত কৰিলে; তেওঁ
সমাধিস্থ হৈ পৰিল, আদেশ দিলে— ৰাজ্যত
জীৱ হত্যা নিষিদ্ধ—প্ৰত্যেক
জীৱৰ জীৱন পবিত্ৰ।”
সিদিনাই এক
অপৰূপ সত্যৰ জ্যোতিয়ে সম্ৰাট আকবৰক উদ্ভাসিত কৰিছিল।
সমাধিৰ
সিপ্ৰান্তত এক গভীৰ ছাঁ আচ্ছাদিত কোণত প্ৰাৰ্থনা বেদীৰ কাষৰ মৰ্মৰৰ ওপৰত উপৱেশন
কৰিলো। মধ্যাহ্ন সূৰ্যৰ প্ৰখৰ ৰ'দত
মই ঘৰ্মাক্ত হৈ উঠিছিলো। মোৰ শিৰাত উদ্বেগৰ চঞ্চলতা আছিল। মই প্ৰাচীৰৰ গাত মূৰ
স্থাপন কৰি বহিলো। ভাঁটাই যেনেকৈ জোৱাৰক অনুসৰণ কৰে, তেনেকৈ মোৰ মাজতো বিশ্রান্তি আহি পৰিল, ধাৰণা হ'ল
যেন এজন দেৱদূত কক্ষ অতিক্ৰম কৰি গুচি গ'ল। নিদ্ৰা আৰু জাগৰণত মই গভীৰভাবে সমাধিস্থ হৈ পৰিলো। তাৰ পাছত যেন এটি
উচ্চ পর্বত শিখৰ প্ৰত্যক্ষ কৰিলো। ক'ৰবাত যেন মই এই বস্তুটো দেখিছো। ক্রমশঃ সেই অস্পষ্ট বস্তুটো স্পষ্টতৰ
হৈ উঠি সৰোবৰৰ ফালে অৱনত হৈ পৰিল। মই পৰ্বতৰ গাত এটি গহ্বৰ প্ৰত্যক্ষ কৰিলো৷ তাৰ
কাষত গবাক্ষৰ আকাৰৰ এটি চতুষ্কোণ অৰ্গলৰ অনুৰূপ পথ। সলিলৰ ৰেখাত প্ৰস্তৰত খোদিত এটি অস্পষ্ট হাতী, তাৰ ওপৰত এটি মানুহৰ মূৰ্ত্তি দেখিবলৈ
পালো— অপূর্ব সেই ভাস্কৰ্য, মূৰ্ত্তি যেন জীৱন্ত। সেই মূৰ্ত্তি অচল— অথচ শূন্যত দৃষ্টি নিৱদ্ধ, মূৰ্ত্তিৰ পৰম গম্ভীৰভাৱে সঁচাকৈয়ে
মোৰ অন্তৰত ভীতিৰ সঞ্চাৰ কৰিলে।
পুনৰ পাষাণৰ গাত
আলোক জ্বলি উঠিল। আলোকৰ শিখা সৰোবৰৰ পানীত প্ৰতিফলিত হৈ ক্ৰমশঃ উজ্জ্বলতৰ হৈ উঠিল; ধাৰণা হ'ল যেন পানীৰ তলত এটি সোণৰ বৃত্ত অংকন কৰিছে। এটি অশৰীৰী বাণী শুনিবলৈ
পালো, বহু দূৰত বহি
আছে এজন ধ্যানমগ্ন মহাঋষি। তেওঁৰ চকুৰ অজ্ঞান-অঞ্জন দুৰীভূত; তেওঁ উপলব্ধি কৰিছে, মানুহে যি ভোগ কৰে, যাৰ বাবে সংগ্রাম কৰে, যাৰ বাবে জীৱনপাত কৰে, তাৰ একো মূল্য নাই। হে ৰাজকুমাৰী, তেওঁ সেই মহাপুৰুষ পুৰুষোত্তমৰ সাক্ষাৎ
লাভ কৰিছিল— তেওঁৰ
আৰু বেলেগ কোনো আকাংক্ষা নাছিল। সমস্ত সুৰ তেওঁৰ ওচৰত বিলীন হৈ গৈছিল, সমস্ত বর্ণ বৈচিত্র্য এটি মাথোন আলোকৰ
শিখাত মিহলি হৈ গৈছিল। সেই আলোকৰ এটি শিখাই তেওঁৰ অন্তৰক উদ্ভাসিত কৰি তুলিছিল— তেওঁ ইন্দ্ৰিয় প্ৰশান্তিৰ মাজেদি
আত্মাৰ বিশালতা উপলব্ধি কৰিছিল। তেওঁ আছিল ভাৰতবৰ্ষৰ যথাৰ্থ সম্রাট......
মই হঠাৎ সম্বিত
ঘূৰাই পালো— যেন
এখন হাতে মোৰ স্কন্দদেশ স্পৰ্শ কৰিছে। মই অনুভৱ কৰিলো—মোৰ সূক্ষ্মদেহ যেন সিংহল পৰিভ্ৰমণ কৰি
আহিছে। এবাৰ মই জলপথত চুৰাটৰ পৰা সিংহললৈ গৈছিলো– তেতিয়া অনুৰাধাপুৰাত সেই
ঋষিৰ মৰ্মৰ সৌধ অৱলোকন কৰিছিলো। কিন্তু মই যি বাণী শুনিছিলো, সেয়া স্পষ্টই শুনিছিলোঁ— সেই বাণী মোৰ দিল্লীৰ গুহাৱাসৰ পৰা
আহিছিল।
মই সপোন আৰু
জাগৰণৰ বিহ্বলত অভিভূত হৈ পৰিছিলো। মই য'ত বহিছিলো—মোৰ
শৰীৰ যেন তাত স্থানুৰ দৰে ভূমি নিৱন্ধ হৈ গৈছিল। তাৰ পাছত মই অনুভৱ কৰিলো, বনৌষধি নিঃসৃত এক মৃদু নির্যাসৰ
সুগোন্ধ; প্রত্যক্ষ কৰিলো, প্ৰাৰ্থনালয়ৰ প্রৱেশ পথৰ সন্মুখত ৰখা
কাঁচৰ পাত্ৰৰ গাত্ৰোত্থিত তীব্ৰ ক'লা
ধোঁৱা। তাৰ অভ্যন্তৰত প্রত্যক্ষ কৰিলো এটি মনুষ্যাকৃতি জীব। মই আশ্চৰ্য হৈ গ'লো— তাৰ পাছতে প্রত্যক্ষ কৰিলো, শীর্ণকায় মানুহজন ৰাজপ্ৰহৰী কর্তৃক বিতাড়িত জনতাৰে এজন৷ মানুহজনে
হয়তো জানিছিল যে, সুবর্ণ
পাত্ৰ নিঃসৃত কস্তুৰী, অগৰু
গোন্ধ সম্রাট আকবৰৰ ইবাদতখানাক৩৭ আমোদিত কৰিছে। বোধ হয় তাৰ
উদ্দেশ্য আছিল, সি
মোক সেই বনস্পতিৰ অৰ্ঘ্য দি সম্ভাষণ জনাই তৃপ্ত হ'ব। আমি পৰস্পৰৰ লগত দৃষ্টি বিনিময় কৰাৰ সময়ত প্ৰত্যক্ষ কৰিলো তাৰ
চকুত কৰুণ ব্যথা— এই
ব্যথা তাৰ অন্তৰৰ ৰূপান্তৰিত বিষাদ নেকি? তাক মই মোৰ সৰ্বোত্তম কংকনটো উপহাৰ দিলো। ইবাদতখানাৰ বাহিৰলৈ আহি মোৰ
মনত খুবেই এক তৃপ্তিৰ ভাৱ আহিল—
যিদৰে মেঘৰ কোলাত সূৰ্য ৰশ্মি.....
বিজয়িনীৰ গৰ্বত
মই আগবাঢ়িবলৈ ধৰিলো, যুদ্ধ
জয়ৰ পাছত ৰাখীবন্ধন ভাইৰ লগত মই এই ফতেপুৰ চিক্ৰীতেই জীৱন অতিৱাহিত কৰিম; “ইয়াত তৌহিদ-ই-ইলাহী (একেশ্বৰবাদ)
পুনর্জীৱিত হ'ব-
সম্রাট আকবৰৰ উদাৰ মত আকৌ প্ৰচাৰিত হ'ব। আল্লাহৰ কৰুণা সকলো জীৱৰ ওপৰতে সমভাবে বর্ধিত হ'ব।
মই গম্বুজৰ তলত
থকা বৃহৎ কক্ষলৈ প্ৰত্যাৱৰ্ত্তন কৰিলো। মই যে
মাথোন অতীতৰ বিষয়েই স্মৰণ কৰিছিলো সেয়া নহয়, অন্ধকাৰতম গহ্বৰৰ পৰা মোৰ ভৱিষ্যতৰ আনন্দৰ আভাসো পালো।
কিন্তু
তেতিয়ালৈকে মই প্ৰাৰ্থনা কৰিব পৰা নাছিলো। সেয়ে মই স্থিৰ কৰিলো, দ্বিপ্ৰহৰৰ নামাজৰ কাৰণে অপেক্ষা কৰিম।
পাছদিনাৰ সূৰ্যান্তলৈকে বিশ্ৰাম কৰিম। ৰাজ পৰিবাৰৰ কাৰণে নিৰ্দিষ্ট এটি কোঠালিত মই
বিশ্ৰাম কৰিম। ৰাজতোৰণৰ কাষত মোৰ কাৰণে শকট অপেক্ষা কৰি আছিল। মই চহৰৰ প্ৰাচীন
অংশলৈ গুচি আহিলো। প্রাচীনে আজি মোক নতুনৰ দৰে আকৰ্ষণ কৰিছিল।
প্ৰথমে মই
মহল-ই-খাচৰ সন্মুখত নামি দৰবাৰ প্ৰাংগণ অতিক্ৰম কৰিলো। এসময়ত ফতেপুৰ চিক্ৰী
ভাৰতবৰ্ষৰ হৃদপিণ্ড আছিল, আৰু
মোৰ সন্মুখত থকা প্রাসাদটো ফতেপুৰ চিক্ৰীৰ প্ৰাণ আছিল। ইয়াতেই সেই মহাপুৰুষ আকবৰে
তেওঁৰ ব্ৰাহ্মণ বন্ধু বীৰবলৰ লগত বাস কৰিছিল। এই প্রাসাদটোৱে মোক হুমায়ূন বাদচাহৰ
শিৱিৰৰ কথা স্মৰণ কৰাই দিলে— য'ত আকবৰে জন্ম গ্রহণ কৰিছিল। তাত কোনো
ৰাজকীয় সম্পদ নাছিল। মাথোন এটি কস্তুৰী পূর্ণ পাত্ৰ আছিল— হুমায়ুনে সেই কস্তুৰী সৈন্যসকলৰ মাজত
ভগাই দি কৈছিল- “আজি
যিদৰে এই কস্তুৰীৰ সৌৰভ শিৱিৰৰ মাজত বিয়পি পৰিছে, সেইদৰে মোৰ পুত্ৰৰ খ্যাতি পৃথিবীময় বিয়পি পৰক।”
সম্রাট আকবৰৰ সমাধি
প্রাসাদ আছিল ঐশ্বৰ্যময়; কিন্তু
তেওঁৰ প্রাসাদ আছিল আড়ম্বৰ বিহীন। প্রাসাদৰ মাজভাগত আছিল সম্ৰাটৰ শয়ন কক্ষ। সেই
শয়ন কক্ষৰ নাম আছিল খাআ-আব-বাগ—“স্বপ্নপুৰী”।
হাজীৰ মোৰ মূৰৰ
ওপৰৰ আলোকৰ আৱৰণ উন্মোচন কৰি দিলে। মই প্রাসাদৰ সন্মুখৰ শুভ্ৰ সেতু অতিক্ৰম কৰি সৰোবৰৰ
মধ্যস্থিত মৰ্মৰ দ্বীপত উপস্থিত হ'লো।
নিজৰাৰ পানীৰ কুলু কুলু ধ্বনি এতিয়া কৰ্ণগোচৰ নহয়। কিন্তু তুর্কী বেগমৰ প্রাসাদ
এতিয়াও পানীৰ ওপৰত প্ৰতিবিম্বিত হৈছে, সেই অপ্সৰা মহলৰ প্ৰতিটো শ্বেত প্ৰস্তৰ যেন খোদিত গজদন্ত। স্তম্ভৰ
গাত খোদিত আছে সম্ৰাটৰ প্ৰিয় ফলসম্ভাৰ-আঙ্গুৰ, বেদানা, তৰমুজ.....।
আজি কিয় সৌ
জলাশয়ৰ সমস্ত পদার্থ মোৰ ওচৰত স্পর্শায়ত্ত বাস্তৱ বস্তুতকৈও বাস্তৱ বুলি ধাৰণা
হৈছে? এই মহলটো মোৰ
ওচৰত অতি আপোন যেন ধাৰণা হ'ল।
মই অতি দ্রুত পদক্ষেপত অগ্ৰসৰ হ'লো, তাৰ পাছত আৰু কিছুদূৰ অতিক্রম কৰি
স্বপ্নপুৰীৰ বাটত অগ্ৰসৰ হ'লো।
মোৰ ধাৰণা হ'ল, কোনোবাই যেন তাত মোৰ কাৰণে অপেক্ষা কৰি
আছে। কোন সেই মহাপুৰুষ, যিজনা
বৃহত্তৰ মাজত বৃহত্তম- যিজনা দীন-হীনৰ প্ৰতি দয়াময়- যিজনাৰ মণিবন্ধত ৰৈ আছে
কঙ্কন......
যদিও এই কক্ষটো
আয়তনত ক্ষুদ্র, ইয়াৰ
মাজত অতি অপৰূপ বৰ্ণ সামঞ্জস্য আছে- বিভিন্ন বর্ণচ্ছটা ঐক্যতান বাদ্যৰ সুৰৰ দৰে
সুসঙ্গত। মই শৈশৱত ইয়াত প্ৰাচীৰৰ গাত আঠোটা চিত্র দেখিছিলো— সেয়া এতিয়াও স্পষ্টকৈ মনত আছে। এটি
চিত্ৰত আছিল ৰঙা বস্ত্ৰ পৰিহিত বিৰাট পুৰুষ, অধৰপুটত তেওঁৰ আঙ্গুলি নিৱন্ধ আছিল। তেওঁৰ পার্শ্ববর্তিনী নাৰী দূৰৰ
ফালে আঙ্গুলি নিৰ্দ্দেশ কৰি কি যেন ইংগিত কৰি আছিল আৰু এজন মানুহে নগৰখনক পশ্চাতত
পেলাই নৌকাৰোহণলৈ গৈ আছিল... ...। এটি শিশু আশ্চর্যচকিতভাৱে ৰৈ প্ৰাচীৰৰ গাৰ নীলা
তোৰণৰ অন্তৰালত পিতামহৰ গচ্ছিত গুপ্তধন অনুসন্ধান কৰি আছিল। সি ৰাজপ্রাসাদৰ দুৱাৰৰ
ওপৰত স্বৰ্ণাক্ষৰত খোদিত পাৰ্চী কবিতাৰ তাৎপৰ্য অনুসন্ধান কৰি আছিলঃ-
“এই দুৱাৰৰ ধুলিকণা দুৱৰীৰ ক'লা চকুৰ চুৰ্মা হৈ উঠক।”
যিসকলে দেৱতৰ
দৰে শুদ্ধাত মূৰ অৱনত কৰে তোমাৰ দুৱাৰত,
সিহঁতে শুভ্ৰ
তৰাৰ দৰে উজ্জ্বল হৈ উঠিব ধূলিকণা স্পৰ্শ কৰি।”
* * *
শিশুটি কিন্তু খিড়িকিৰ
গাৰ ওপৰত অঙ্কিত। চিত্ৰবোৰ প্ৰত্যক্ষ কৰি অধিকতৰ বিস্ময় বোধ কৰি আছিল। তাত চৈনিক
শিল্পৰীতিত অঙ্কিত বুদ্ধদেৱৰ এটি চিত্ৰ আছিল। নীলাভ মন্দিৰত স্থাপিত সেই
মূৰ্ত্তিটো— তেজবর্ণ-স্বর্ণাভ
পৰিচ্ছদ ভূষিত, মূৰত
এটি ক্ষুদ্র মুকুট। চাৰিওফালে ইতস্ততঃ বিক্ষিপ্তভাবে পৰি আছিল কিছুমান নৰমুণ্ড, কিছুমান খণ্ডিত নৰদেহৰ অঙ্গ-প্রত্যঙ্গ— কোনোবাটো পীতাভ তেজবর্ণ, কোনোবাটো কৃষ্ণবর্ণ, কোনোবাটো শুভ্র, কোনোবাটো আকৌ স্বর্ণবর্ণ, এটি নৰমুণ্ড মুকুট শোভিত। মোৰ ধাৰণা হ'ল যেন এই মূৰ্তিটো স্বয়ং আকবৰৰ
প্ৰতিমূৰ্ত্তি— তাৰ
চৌদিশে ৰৈ আছিল পৰাজিত শত্ৰু, পৰপাৰৰ
অভিযাত্রী; ইয়াতকৈ
বেছি একো ধাৰণা কৰিবলৈ সাহস গোটাব নোৱাৰিলো। এটি চিত্ৰত আছে— এজন দেৱদূত অন্ধকাৰ গহ্বৰৰপৰা দৌৰি
ওলাই আহিছে– গহ্বৰৰ
মুখত স্বল্প খোদিত প্ৰস্তৰ খণ্ড। অকণমান ওপৰত যুগল ময়ূৰ চিত্রিত। দেৱতাসকলৰ মুকুট
মুক্তাহাৰ পৰিশোভিত— পালকবোৰ
উৰ্দ্ধমুখী। দেৱতাৰ পাখিদ্বয় তুষাৰ শুভ্ৰ- স্বৰ্গৰ বিহংগমৰ দৰে সুন্দৰ। তাৰ চঞ্চল
পৰিচ্ছদ স্বর্ণাভ নীলা লোহিত বর্ণ,
কটিদেশত শুভ্র বস্ত্ৰ পৰিহিত, তাৰ বাহুবন্ধনত এটি নৱজাত শিশু। এওঁ চাহজাদা শিশু চেলিম নেকি? চেলিম চিস্তীৰ
আশীৰ্বাদত চেলিমৰ জন্ম— জন্মৰ
পূৰ্বে সেই ৰাজকুমাৰ এই পূণ্য গুহাভ্যন্তৰত বাস কৰিছিল। মোৰ সেই বিশ্বাস অটল। কিন্তু ফতেপুৰ চিক্ৰীৰ
অতীত স্মৃতিৰ কথাতো কোনেও আলোচনা নকৰে।
যদি আমাৰ পিতামহ
জাহাংগীৰে জন্মগ্ৰহণ নকৰিলেহেঁতেন তেনেহ'লে সম্রাট আকবৰৰ ৰাজ্য ধ্বংস হৈ গ'লহেঁতেন নেকি ? মোৰ
মস্তিষ্কত চিন্তাৰ স্রোত বৈ আছে—
এই গৃহত চিৰনিদ্ৰাত শায়িত মহাপুৰুষৰ বংশত জন্মলাভ কৰাৰ তাৎপর্য মই উপলব্ধি
কৰিলো।
হঠাৎ মোৰ
কৰ্ণকুহৰত প্ৰৱেশ কৰিছে এক মৃদু কৰুণ গানৰ সুৰ। এই সুৰ ক'ৰপৰা ভাহি আহিছে? স্বৰ্গলোকৰ পৰা সম্রাট আকবৰৰ গায়কসকলৰ
সুৰৰ ৰেশ ভাহি আহিছে নেকি? কোনো
অলৌকিক শক্তিয়ে যদি মোক সেই স্বৰ্গলোকৰ সংগীত শুনিবলৈ শক্তি দিলেহেঁতেন! মই মোৰ
কৰতল দ্বাৰা মুখমণ্ডল আবৃত কৰিলো—
মানস চকুত দেখিলো যেন মই পুনৰ সেই যুগলৈ প্ৰত্যাৱৰ্ত্তন কৰিছোঁ-
যেতিয়া খাআ-আব-বাগ প্রভাত সংগীতত মুখৰ হৈ উঠিছিল, আৰু সন্ধিয়াৰ পূত বতাহত ভাহি আহিছিল সুমধুৰ সংগীত ধাৰা। সেই অসংখ্য
সুমধুৰ বাদ্যযন্ত্ৰ সংগীতৰ সুৰত তাল মিলাই লৈছিল। প্ৰভাতৰ মাজভাগত সংগীত আছিল কোমল; দ্বিতীয় ভাগত বহু সুৰৰ সংযোজনাত বহু
বাদ্যযন্ত্ৰৰ ঐক্যতান, কৰতালৰ
কলৰোলত এক অপূর্ব ঐক্যতান সৃষ্টি হৈছিল। দিনৰ শেষত যেতিয়া সম্রাট আকবৰৰ ওপৰত
ভগবানৰ আশীৰ্বাদ যাঞ্চা কৰা হৈছিল,
তেতিয়া সমস্ত সংগীত মন্ত্ৰমুগ্ধ হৈ উঠিছিল। জৰাথ্ৰষ্টৰ উপাসনা
মন্দিৰত বহুবাৰ আহুত হৈ অগ্নি যিদৰে উপাসকসকলৰ নয়নত দীপ্তি সঞ্চাৰ কৰে, সেইদৰে সন্ধিয়াৰ সংগীতে মানুহৰ
কৰ্ণকুহৰত আনন্দ সঞ্চাৰ কৰিছিল।
মই বাৰাণ্ডাৰপৰা
বাহিৰলৈ ওলাই আহিলো, সংগীত
নিস্তব্ধ হৈ গৈছে। সৰোবৰৰ কাষত এদল মানুহ অপেক্ষা কৰি আছিল— সিহঁতৰ হাতত বাঁহী আৰু তাঁৰৰ যন্ত্ৰ
আছিল। সিহঁতে উত্তেজিত কণ্ঠত পৰস্পৰৰ লগত আলোচনা কৰি আছিল। সিহঁতৰ বিভিন্ন বৰ্ণৰ
উষ্ণীষবোৰ পৰস্পৰৰ লগত মিহলি হৈ গৈছিল। সিহঁতৰ মাজৰপৰা এজনে মোক চিনিব পাৰিলে। তাৰ চকুত দীপ্তি
ফুটি উঠিল, সি
এজন শীৰ্ণকায় ব্যক্তি। সি দলৰ বেলেগ মানুহৰপৰা কিছু আঁতৰলৈ গ'ল— সি তাৰ বীণাত ঝংকাৰ দি এটি গীত আৰম্ভ কৰিলে।
এই সুৰেইতো
তানচেনৰ অভিনন্দন; মেৱাৰৰ
মীৰাবাঈৰ আত্মবিনোদন। মীৰাবাঈ শৈশৱতে শ্ৰীকৃষ্ণৰ মূৰ্ত্তিক ভাল পাইছিল, সেই ভালপোৱাই জীৱনৰ শেষলৈকে তেওঁক
অভিভূত কৰি ৰাখিছিল। তেওঁৰ সৰ্বস্ব তেওঁ শ্ৰীকৃষ্ণক উৎসর্গ কৰিছিল। তেওঁৰ ললাট আৰু
কোনো মানুহৰ আগত অৱনমিত হোৱা নাছিল.......
সেই সংগীতে মোক
শ্ৰীকৃষ্ণৰ ৰাজ্য বৃন্দাবনলৈ লৈ গ'ল!
শ্ৰীকৃষ্ণই শ্ৰীবৃন্দাবনত চিৰবসন্তত গোপীসকলৰ সন্মুখত বংশীবাদন কৰিছিল। মই তাত প্ৰত্যক্ষ
কৰিলো, ৰূপহী মীৰা
দেৱতাৰ মূৰ্ত্তিৰ সন্মুখত ৰহস্যময় নৃত্যৰ কাৰণে উৎসৰ্গিতা। মীৰাই তেওঁৰ জীৱনৰ
সৰ্বস্ব শ্ৰীকৃষ্ণৰ চৰণত নিবেদন কৰিছিল। শ্ৰীকৃষ্ণই কৈছে, যিজন মানৱে কৃষ্ণক ভজনা কৰে তাৰ বিনাশ
নাই। এই শ্ৰীকৃষ্ণই বিষ্ণুৰ অৱতাৰ- তেওঁ পৃথিৱীৰ পাপৰ ভাৰ লাঘৱ কৰাৰ কাৰণে মনুষ্য
দেহ ধাৰণ কৰিছিল। শ্ৰীকৃষ্ণৰ আলোকে সকলোৰে আত্মাক উদ্বুদ্ধ কৰে।
কিন্তু এই ছিন্নবস্ত্ৰ
পৰিহিত মানুহজন কোন ? কি
গভীৰ দুঃখময় তাৰ সুৰ! ফতেপুৰৰ বিষাদপুৰীত মোৰ পথ অতিক্ৰম কৰি সি মোৰ সপোনৰ মাজত
মোক সাৱধান কৰি দিছে। সি আমাৰেই বংশৰ সন্তান নেকি, সি মোৰ দৰেই একে প্ৰেৰণাত উদ্বুদ্ধ নেকি ?৩৮
মানুহজনে
মীৰাবাঈৰ এটি কৃষ্ণ ভজন গাই আছে। ক্ৰমশঃ তাৰ সংগীত আলোকময় হৈ উঠিল— সেই সংগীতে মোৰ অন্তৰ মথিত কৰি দিলে।
-------------------
মই মোৰ ৰাজ্য পৰিত্যাগ কৰিছোঁ।
মই আৰু ৰাজমহিষী নহয়, ৰাজ্য আৰু ঐশ্বৰ্য ত্যাগ কৰিছোঁ ।
তোমাৰ দাসী মীৰা— তোমাৰ আশ্ৰয়প্ৰার্থিনী মীৰা।
মীৰাই তাৰ দেহ— তাৰ মন তোমাক সমর্পণ কৰিছে।
------------------
মীৰাবাঈ শেষ
জীৱনত দ্বাৰকাৰ মন্দিৰত আশ্ৰয় গ্ৰহণ কৰিছিল— আমৰণ আশ্রমবাসিনী। সেই মন্দিৰত প্ৰদীপ, পুষ্পসম্ভাৰলৈ তেওঁ মোৰ মানস চকুত মূৰ্ত্ত হৈ উঠিল। আশ্চর্য এই নাৰী!
মীৰাদেৱী তাত তেওঁৰ “কৃষ্ণমাণিকক” আত্মোৎসর্গ কৰিছিল।
আজি মানুহে
দেৱতাৰ সন্মুখত জীব বলি দিছে— মীৰাৰ
মূৰ্ত্তি দেৱতাৰ মূৰ্ত্তিৰ বিপৰীত দিশত স্থাপন কৰিছে। পুৰুষোত্তম বংশীধাৰীৰ প্ৰেমে
ইহ জগতত মীৰাবাঈক তাপসী কৰিছ, পৰ জগতত নাৰায়ণীৰ আসন দান কৰিছে।
মোৰ তেজৰ মাজেৰে
অগ্নিশিখা প্রবাহিত হৈছে। যদি অন্ধকাৰে ভাৰতবৰ্ষক সমাচ্ছন্ন কৰে, যদি দাৰা পৰাজিত হয়, যদি মোৰ প্ৰিয়তম ৰাওৰ মৃত্যু হয়, তথাপিও মই তেওঁৰ স্মৃতি পূজা কৰিম– তেওঁ
মোৰ চিৰবসন্তোৎসৱৰ ৰজা- তেওঁ মোৰ শ্রীকৃষ্ণ।
দহ-পঁচিশী৩৯,খেলাঘৰ অতিক্ৰম কৰি দেওয়ান-ই-খাচত
উপস্থিত হ'লো।
বাদচাহে স্বয়ং এটি ক্ষুদ্র মৰ্মৰ আসনত বহি দাবা খেলিছিল। জীৱন্ত ক্রীতদাসী আছিল
তেওঁৰ দাবাৰ চলন্ত গুটি। মই সশ্রদ্ধ ভীত হৃদয়ত সেই কল্পলোকৰ প্রাসাদৰ সন্মুখত
থিয় হ’লো; ভাবিলোঁ— অতীতত কি ঐশ্বৰ্যৰ বিলাস আছিল এই স্থানত!
দেওয়ান-ই-খাচৰ
শ্ৰেণীৱদ্ধ খিড়িকিৰ মাজেৰে দৃষ্টি নিক্ষেপ কৰিলে ধাৰণা হয় যেন প্রাসাদটো
দুমহলীয়া; কিন্তু
অভ্যন্তৰত প্ৰৱেশ কৰিলে প্রতীয়মান হয় যেন এটি বিৰাট কক্ষ। মই খিড়িকিৰ কাষত
বিশ্রাম ল'লো; ঠাইডোখৰ সুশীতল। সেই সংগীতৰ অনুৰণন তেতিয়াও মোৰ কাণত ঝংকাৰিত
হৈ আছিল- মোৰ সমস্ত শক্তি সংগ্ৰহ
কৰি যেন মই ভাৰতৰ সেই পবিত্ৰ মন্দিৰ ৰক্ষা কৰি আছিলো। দানৱে সেই মন্দিৰ অধিকাৰ
কৰিব খুজিছিল।
কক্ষৰ মধ্যস্থলৰ
স্তম্ভটো অপূৰ্ব— ধাৰণা
হয় যেন প্ৰকাণ্ড পুষ্পৰ কোমল ঠাৰি। কক্ষৰ মাজভাগত সম্রাট আকবৰৰ ৰাজসিংহাসন
স্থাপিত আছিল। মোৰ কল্পনাত স্তম্ভটো এটি বিৰাট বিষবৃক্ষৰ কাণ্ডৰ দৰে প্ৰতিভাত হৈ
উঠিল। সেই বৃক্ষৰ পত্রপল্লৱ আছিল অসীম শূন্য, তাৰ ফল- সূর্য, চন্দ্ৰ, তাৰকা। সেই বৃক্ষটো মেৰু পৰ্বত শীৰ্ষত
পৰিণত হ'ল— জ্ঞানবৃক্ষত, তাৰ কাষত বিষ্ণু দেৱতাৰ অপৰূপ স্তম্ভ।
মেৰু শিখৰত সমাসীন আছিল দেৱতাৰ প্ৰতীক।
সম্রাট আকবৰেই
ভাৰতৰ অজ্ঞান আন্ধাৰ দূৰ কৰিছে,
তেৱেঁ তৈমূৰৰ ৰাজবংশক গৌৰৱোজ্জ্বল কৰিছে।
মই ওপৰৰ
খিড়িকিৰ মাজেৰে প্ৰাচীৰৰ কাষত থকা শ্রেণীৱদ্ধ আসনবোৰৰ ফালে দৃষ্টি প্ৰসাৰিত
কৰিলো। মোৰ ধাৰণা হ'ল, সিংহাসনৰ কাষত যেন অম্বৰৰাজ বিহাৰীমল
সমাসীন। তেওঁৰে কন্যা যোধাবাঈৰ লগত সম্ৰাটৰ বিবাহ হৈছিল; তেৱেঁতো জাহাংগীৰৰ জননী। আৰু এজন প্ৰত্যক্ষ
কৰিলো, বীৰ সেনাপতি ৰজা
মানসিংহক- তেওঁ তৈমূৰ বংশৰ ক্ষমতা সুদৃঢ় কৰাৰ কাৰণে কিমান যে যুদ্ধ কৰিছে।
মাজভাগৰ স্তম্ভক
কেন্দ্ৰ কৰি চতুষ্কোণ নিৰ্মাণ কৰা হৈছিল। সৃজনী শক্তিৰ প্রতীক চতুৰ্দ্দিশে বিসর্পিল চাৰিটা সেতুও
নিৰ্মাণ কৰা হৈছিল। মই যেন প্ৰত্যক্ষ কৰিলো, সম্ৰাটৰ অমাত্যবৃন্দ তেওঁৰ সিংহাসনৰ ফালে অগ্ৰসৰ হৈছে— প্ৰথমে টোডৰমল, সেই সাহসী বীৰ, যোদ্ধা ও কোষাধ্যক্ষ: তেওঁৰ চেষ্টাত
সমস্ত দৰিদ্ৰ প্ৰজাই শস্য কৰ্ত্তনৰ সময়ত সুবিচাৰ লাভ কৰিছিল। তাৰ পাছত প্ৰত্যক্ষ
কৰিলো, সম্ৰাটৰ প্ৰিয় বয়স্য ৰজা বীৰবলক। তেওঁৰ সুতীব্ৰ পৰিহাসবোৰ এতিয়াও আমাৰ
শ্রৱণক আনন্দ প্রদান কৰে। হঠাৎ তাত দেওয়ান-ই-খাচৰ বিৰাট প্রশান্তি অনুভৱ কৰিলো।
প্রধান অমাত্য আবুল ফজলৰ আগমন— আবুল
ফজলে দীন-ই-ইলাহীৰ পৰিকল্পনা কৰি বিশ্বব্যাপী অগ্নি প্রজ্জ্বলিত কৰিছিল। কক্ষৰ দূৰতম কোণৰপৰা মই অসন্তোষৰ গুঞ্জন শুনিবলৈ পালো* * *
মই কল্পনাত
দেখিবলৈ পালো সম্রাট আকবৰ অতীতৰ দৰে বিচাৰাসনত দণ্ডায়মান–অতি বিনম্র বেশ, বিনীত মুখশ্রী। কিন্তু কি দৃঢ়তা ব্যঞ্জক দৃষ্টি। সেই দৃষ্টিত
অত্যাচাৰী সংকোচিত হৈ পৰিছিল, পীড়িতই
আশ্ৰয়ৰ সন্ধান পাইছিল। তেওঁৰ মুখমণ্ডলত প্ৰতিভাত আত্মাৰ দীপ্তিশিখা। এই বিদেশী
বংশোদ্ভৱ ৰাজপুত্ৰৰ ৰাজ্য সহস্ৰ যোজনব্যাপী পূর্বে ঢাকা নগৰী, পশ্চিমে কাবুল, উত্তৰে কাশ্মীৰ, দক্ষিণে আহম্মদ নগৰ। এই বিশাল ৰাজ্যৰ
প্ৰজাবৃন্দৰ কল্যাণৰ কাৰণে তেওঁৰ কি সদাজাগ্ৰত দৃষ্টি! বোধহয় কোনো গ্রামণীও৪০
তাৰ গ্রামবাসীৰ সুখ-সুবিধাৰ কাৰণে ইমান উদ্বিগ্ন নাছিল। শিৰাই যিদৰে হৃদপিণ্ডৰ
আধাৰৰ পৰা শৰীৰৰ বিভিন্ন অংশত তেজ সঞ্চালন কৰে সেইদৰে সম্ৰাটৰ আদেশ বহন কৰি
সম্ৰাটৰ অমাত্যসকলে দেশ শাসন কৰিছিল। মোৰ প্ৰতিটো কৰ্ম আল্লাহৰ উদ্দেশ্যে নিয়োজিত
হওঁক— এই অভিপ্রায়তে
সম্রাট ইতস্ততঃ বিক্ষিপ্ত খণ্ডবোৰক একলগ কৰিবলৈ চেষ্টা কৰিছিল; সূর্যালোকে যিদৰে পাতৰ শিৰাই শিৰাই
প্ৰৱেশ কৰি উদ্ভিদৰ মাজত প্ৰাণ সঞ্চাৰ কৰে, সম্রাট আকবৰো সেইদৰে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো অংশত প্ৰাণ শক্তি সঞ্চাৰ
কৰিছিল। সেয়েহে ৰাজ্যৰ প্ৰজাবৃন্দই বিশ্বপালক বিষ্ণুৰ স্থলাভিষিক্ত কৰি শাসক
আকবৰৰ সন্মুখত কৃতজ্ঞ চিত্তে অৰ্ঘ্য প্ৰদান কৰিছিল, যদিও জিজিয়া কৰ উচ্ছেদ কৰা হৈছিল, তথাপিও সম্ৰাটৰ ৰাজকোষ পৰিপূৰ্ণ আছিল।
আল্লাহৰ
প্ৰতিনিধি সম্রাট আকবৰে ঘোষণা কৰিছিল- “মানুহৰ অন্তৰে সহস্ৰ বাটত তাৰ লক্ষ্যৰ সন্ধান কৰে।” সেই শক্তিমান সম্রাটে প্রত্যেক মানুহক
এই সত্য প্ৰমাণ কৰিবলৈ অবাধ অধিকাৰ প্ৰদান কৰিছিল। তেতিয়া কোণাৰকৰ সূৰ্য মন্দিৰত, আবু পৰ্বতৰ জৈন মন্দিৰত, অজন্তা-ইলোৰাৰ গুহাভ্যন্তৰত প্ৰস্তৰ
নিৰ্মিত দেৱমূৰ্ত্তিবিলাক জীৱন্ত হৈ উঠা নাছিলনে? সমস্ত দেশ ব্যাপী অসংখ্য দেৱতাৰ গৃহত মানুহবোৰে মস্তক অৱনত কৰি এই
সত্যকে প্ৰচাৰ কৰা নাছিলনে বাৰু?
যেতিয়া অসংখ্য তীর্থযাত্রী পূণ্যতোয়া স্রোতস্বিনীৰ সলিলত অৱগাহন
কৰি আত্মশুদ্ধি কৰিবলৈ আহিছিল তেতিয়া সিহঁতৰ সংগীতত সম্ৰাটৰ প্ৰাৰ্থনাৰ সুৰ মিহলি
হৈ নগৈছিলনে বাৰু?
মই সেই সুদূৰ অতীতৰ
ঐশ্বৰ্যৰ মাজত কিহৰ দীপ্তি– কিহৰ
উজ্জ্বলতা প্ৰত্যক্ষ কৰিছো? মই
অষ্টপ্ৰহৰ খোজা প্ৰহৰী বেষ্টিত দিল্লীৰ ময়ূৰ সিংহাসন প্রত্যক্ষ কৰিছো। মোৰ
কল্পনাত ভাহি উঠিছে, মোৰ
সম্ৰাট পিতা তেওঁৰ পূৰ্ব গৌৰৱত ময়ূৰ সিংহাসনত সমাসীন, বিৰাট চন্দ্ৰাতপৰ তলত দ্বাদশ স্তম্ভৰ
পৰা স্ফূৰিত প্ৰস্তৰৰ উজ্জ্বল আভা। নাই নাই,
সেই আভা যে সিংহাসনৰে দীপ্তি! তাৰ পাছত মই প্রত্যক্ষ কৰিলো যেন
সম্রাট এটি পিঞ্জৰাত আৱদ্ধ; তৈমুৰে
বায়াজিদক যি পিঞ্জৰাত বন্দী কৰিছিল! এয়াতো সেই পিঞ্জাৰাতকৈ কম নহয়।
কিন্তু ফতেপুৰ
চিক্ৰীত আছিল বিশ্ব-কল্পক্রম।
যেতিয়া “হাজীৰ” মোৰ ওপৰত পুনৰ আলোকৰ আৱৰণ উন্মোচন কৰি দিলে- মোৰ ধাৰণা হ'ল আগ্ৰা বহুদূৰ। অতীত মোৰ বৰ্তমানত
পৰিণত হ'ল। ভৱিষ্যত
ধাৰণা হ'ল আৰু মাথোন এটা
দিন অর্থাৎ অহাকালি। সৌৱা শুনা,
নহবৎখানাত তানচেনৰ সুমধুৰ সুৰ বাজি উঠিছে, সেই সুৰে দাৰা শুকোক অভিনন্দন জনাব– দাৰা ফতেপুৰলৈ
গৈ আছে, তেওঁ প্ৰথমবাৰৰ
বাবে তেওঁৰ দৰবাৰ উদ্বোধন কৰিব।
মহল-ই-খাচৰ
মহিলা বিদ্যালয়ৰ মাজেৰে আহি মই ৰাজপথত উঠিলো। পথবোৰ প্রশস্ত, প্ৰতিটো পথ প্রাসাদ সংলগ্ন, কিন্তু প্ৰতিটো পথৰ নিজস্ব ৰূপ আছে, এটা আনটোৰ পৰা বিচ্ছিন্ন— ভীষণ তীব্ৰ সূৰ্য কিৰণৰ কাৰণে কোনো
প্রাণীয়ে দৃষ্টিপথত ধৰা পৰা নাই—
কিন্তু বতাহ যেন কিবা এটা আশংকাত কম্পমান।
সৌৱা বিপৰীত
দিশত পাঁচমহল৪১
। ধাৰণা হয় যেন
প্রাসাদটো এটি সুললিত পদ্য। প্রাসাদৰ পাঁচোটা তল সুচিকুণভাবে খোদিত
প্ৰস্তৰৰ স্তম্ভৰে নিৰ্মিত। তলৰ মহলাৰ ফালে ক্ৰমান্বয়ে স্তম্ভৰ সংখ্যা লঘু হৈ
গৈছে। সৰ্বশেষত চাৰিটা স্তম্ভৰ ওপৰত এটি চন্দ্রাতপ খটোৱা আছে।
মই অভিভূত
মানুহৰ দৰে প্রাসাদৰ অভ্যন্তৰত প্ৰবেশ কৰিলো। প্রথম কক্ষত মই দীন-ই-ইলাহী
সম্প্ৰদায়ৰ শিষ্যসকলক প্রত্যক্ষ কৰিলো৷ সিহঁতৰ মাজৰ বহুতকে দেওয়ান-ই-খাচত
প্ৰত্যক্ষ কৰিছিলো। মই মানস চকুত প্ৰত্যক্ষ কৰিলো, পৰস্পৰৰ মাজত গভীৰ আলোচনা চলিছে। স্তম্ভৰ কাষত মূৰৰ ওপৰত ছাদৰ তলত
পূতপদ্মপুষ্প খোদিত আছে, নিম্নমুখী
পুষ্পদল সিঁচৰতি হৈ আছে— যেন
ধৰিত্ৰীক বুকুত ধাৰণ কৰি আছে। সম্রাট আকবৰ বৌদ্ধ সন্যাসীৰ দৰে মানুহক সংসাৰ ত্যাগ
কৰিবলৈ উপদেশ দিয়া নাছিল। প্রথম স্তৰত দীন-ই-ইলাহী ধৰ্মৰ নিৰ্দেশ আছিল যে, ইলাহীৰ শিষ্যসকলে তেওঁলোকৰ সমস্ত
পাৰ্থিৱ সম্পদ সম্রাটক নিবেদন কৰিবৰ কাৰণে প্রস্তুত থাকিব লাগিব।
মই দ্বিতীয়
মহলাত আৰোহণ কৰিলো— চিন্তা
কৰিলো দ্বিতীয় স্তৰৰ বিষয়ে; এই
স্তৰত ইলাহী শিষ্যসকলে সম্ৰাটৰ কাৰণে প্ৰাণত্যাগ কৰিবলৈ প্ৰস্তুত হৈ থাকিছিল। এই
পাৰ্থিৱ সাম্ৰাজ্য গঠনৰো প্ৰয়োজন আছে।
ইয়াত
ছাপ্পান্নটা স্তম্ভ আছে— কোনো
এটাই আন এটাৰ দৰে নহয়। কি অপৰূপ এই স্তম্ভবীথি — প্ৰতিটো স্তম্ভই এটি এটি নিজস্ব বাণী প্ৰচাৰ কৰি আছিল। মই সুন্দৰতম
স্তম্ভটো বাহুপাশত আলিংগন কৰিলো। লগে লগে সম্রাট আকবৰৰ সাম্ৰাজ্যৰ স্তম্ভস্বৰূপ
অমাত্যসকলৰ কথা ভাবিলো৷ মই স্তম্ভটোৰ গাত মোৰ কপোল স্থাপন কৰিলো। সেই মুহূৰ্তত
কক্ষৰ মাজেৰে এজাক বতাহ বৈ গ'ল।
বতাহে মোক এটি আসন্ন বসন্ত পল্লৱ উপহাৰ দি গ'ল। সেই পল্লৱটো মোৰ ওচৰলৈ অতীতৰ বাৰ্ত্তাৰ ৰূপ লৈ আহিছিল— মোৰ মাজত পুনৰ জীৱনৰ তীব্ৰ যন্ত্ৰণা
ফুটি উঠিল। মই শিলৰ ওপৰত অস্থিৰভাবে পদচালনা কৰিবলৈ ধৰিলো। আমি
ভ্ৰাতা-ভগ্নীসকলেতো এই প্ৰাংগণতে খেলা-ধূলা কৰিছোঁ। সেই দিনবোৰৰ কথা মোৰ স্পষ্ট মনত আছে— কেনেকৈ দাৰা শুকোই এটি ময়ূৰৰ পাখি
তেওঁৰ উষ্ণীষত গুজিলৈ বাৰে বাৰে মূৰ সঞ্চালন কৰি “ৰজা ৰজা” খেলিছিল; ঔৰঙ্গজেৱ প্রাসাদৰ কোণত বহি মালা
সঞ্চালন কৰি আছিল। গুলপীয়া বৰণৰ শাৰী পৰিধান কৰি মোৰ সৰু সৰু ভগ্নীবিলাকে স্তম্ভ
বেষ্টন কৰি লুকাভাকু খেলিছিল।
মই যিটো স্তম্ভ
আলিংগন কৰিছিলো— তাৰ
কাষতে মই নীৰৱে থিয় দি আছিলো, আৰু
প্ৰত্যক্ষ কৰি আছিলো........
দেখিলো, এজাক বিক্ষুব্ধ বতাহে দাৰাৰ ময়ূৰৰ
পাখি উৰুৱাই লৈ গ'ল।
ঔৰঙ্গজেৱ বহি বহিয়ে মালা হাতত তেওঁৰ মূৰ উত্তোলন কৰি সেই দৃশ্যৰ ফালে দৃষ্টি
প্ৰসাৰিত কৰিলে- তেওঁৰ দৃষ্টিত আছিল তাচ্ছিল্যৰ হাঁহি। দাৰা থিয় দি আছিল- বিহ্বল
তেওঁৰ দৃষ্টি।
তেতিয়া আমি
শিশু— আমাৰ মাজৰপৰা
কোনেও তেতিয়া নিজৰ ভৱিষ্যত ভাগ্যৰ কথা চিন্তা কৰা নাছিল।
মই অতীতৰ স্মৃতি
আৰু বৰ্তমানক বিস্তৃত হোৱাৰ কাৰণে তৃতীয় মহলালৈ উঠি আহিলো। মোৰ সমগ্ৰ অংগ-প্রতংগত
তীব্ৰ শিহৰণ অনুভৱ কৰিলো। আমাৰ মাজৰপৰা বহুতে সম্রাট আকবৰৰ দৰে ভাৰতবৰ্ষৰ কাৰণে
জীৱনপাত কৰিবপৰা নাই। বিংশতি স্তম্ভৰ অন্তৰালত মই নগৰৰ বিভিন্ন অংশ প্রত্যক্ষ
কৰিলো— অৱশ্যে তেতিয়া
সমগ্ৰ নগৰৰ সামান্য অংশহে মাথোন নামমাত্ৰ অৱশিষ্ট আছিল। মই ইন্দ্রিয়াতীত দৃষ্টিত
বহু কিবা-কিবি দৃশ্য প্রত্যক্ষ কৰিলো, কাৰণ মই ফতেপুৰ সম্বন্ধে আবুল ফজলৰ বিৱৰণী পাঠ কৰিছিলো। মই
চিত্রশালা নিৰীক্ষণ কৰিলো, ইয়াত
ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা অহা আমন্ত্ৰিত ইলাহী শিষ্যসকল সমৱেত হৈছিল। পৃথিৱীৰ
নানা দেশৰপৰা বহু জ্ঞানী-গুণী আহিছিল— এই নগৰৰ খ্যাতি গজনীৰ দৰে বিশ্ববিশ্রুত আছিল। ইলাহী শিষ্যবৃন্দ
সম্রাট আকবৰ আৰু আবুল ফজলক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। একমাত্ৰ হিৰাত আৰু সিৰাজৰ
পৰাই ইৰাণী চিত্ৰকৰৰ চিত্ৰ সংগ্ৰহ কৰি অনা হৈছিল তেনে নহয়। খিলাফতৰ যুগৰ আৰু
প্রাচীন দেশৰো বহু চিত্ৰ তেওঁলোকে সংগ্রহ কৰি আনিছিল। এই চিত্রশালাৰ অতীত যুগৰ মহিমামণ্ডিত
মূৰ্ত্তিবোৰে সেইসকল তৰুণ চিত্রশিল্পীৰ মনত এক অপূৰ্ব মন্ত্ৰশক্তি সঞ্চাৰ কৰিছিল। ভাৰতৰ
পুষ্পৰপৰা সংগৃহীত ৰসেৰে তেওঁলোকে চিত্রশালাত ৰঙৰ খেলাৰ নবীন সপোন দেখিছিল। নবীন
চিত্ৰকসকলে সৃষ্টি কৰিছিল নিত্য নতুন অপৰূপ প্ৰচ্ছদপট। সিহঁতৰ কল্পনা প্রসূত
শিল্পকর্ম তৈমূৰ ৰাজবংশৰ গ্ৰন্থাগাৰৰ সুবিখ্যাত প্রাচীন চিত্ৰাৱালীৰ সমতুল্য আছিল। কিন্তু
হিন্দুসকলেই আছিল সর্বোত্তম অঙ্কনশিল্পী— তেওঁলোকে যেন তেতিয়া অজন্তাৰ গুহাপীঠত সমাসীন হৈ তুলিকাৰ আঁচোৰত
বৰ্হিজগতত জীৱনৰ প্ৰাচীৰ ৰচনা কৰিছিল।
এবাৰ ধাৰণা হ'ল, যেন নগৰৰ কৰ্ম কোলাহল আহি মোৰ কাণত পৰিছে। মই মুদ্রাশালা দেখিলো, তাত বাদচাহৰ চিত্ৰ সম্বলিত পৃথিৱীৰ
ভিতৰত সুন্দৰতম মুদ্ৰা তৈয়াৰ কৰা হৈছিল। যন্ত্ৰগৃহ দেখিলো- তাৰ মাজত সম্ৰাটৰ
আৱিস্কৃত বৃহৎ কামানশ্রেণী প্ৰত্যক্ষ কৰিলো।
শতাধিক যন্ত্ৰশালা
দেখিলো— তাত দাবাৰ কাৰণে
ৰেচমৰ ওপৰত সোণ-ৰূপৰ সূত্ৰমণ্ডিত ঝালৰ তৈয়াৰ কৰা হৈছিল। অপূৰ্ব লিপি সমন্বয় কৰি
গ্ৰন্থ ৰচনা কৰা হৈছিল। প্ৰতিটো ক্ষেত্রতেই স্বয়ং সম্রাট উপস্থিত থাকিছিল— তেওঁ নিজেই সকলো কামৰ তত্ত্বাবধান
কৰিছিল। সম্ৰাটৰ দৃষ্টিৰ অগোচৰে প্ৰাচীৰৰ গাত কোনো ৰেখা সম্পাত নহৈছিল— অথবা কোনো গ্রন্থ চিত্রালঙ্কৃত কৰা
হোৱা নাছিল।
তাৰ পাছত দেখিলো
গ্ৰন্থাগাৰ, তাত
ৰৈ আছে শ্ৰেণীৱদ্ধ সুন্দৰ কাৰুকাৰ্যৰ্থচিত পাণ্ডুলিপি— তৈমূৰৰ ইতস্ততঃ বিক্ষিপ্ত ৰত্নৰাজি।
সেইবোৰ বাদচাহ বাবৰে ইৰাণৰপৰা ভাৰতবৰ্ষলৈ স্থানান্তৰিত কৰিছিল। তাত ভাৰতবৰ্ষ, পাৰস্য, আৰৱ, গ্ৰীচ, পেলেষ্টাইনৰপৰা সম্রাট আকবৰৰ সংগৃহীত
কাব্য ও দর্শন সজাই থোৱা আছিল। ইমানবোৰ গ্ৰন্থ তেওঁৰ পূৰ্বগামী অথবা পৰৱৰ্ত্তী
কোনো সম্রাটেই সংগ্ৰহ কৰিবপৰা নাই। এখন গ্রন্থ আছিল অপৰূপ, সুন্দৰভাবে অলংকৃত— তৈমূৰৰ জীৱনী ও বিধান; সেইখন আমি উত্তৰাধিকাৰসূত্ৰে পাইছোঁ। সেই গ্ৰন্থত লেখা
আছে—
“মোৰ স্বাৰ্থৰ প্ৰয়োজনত মই আত্মীয়তাৰ
বন্ধন বা দানৰ মৰ্যদা নষ্ট কৰা নাই আৰু আত্মীয়সকলক বিনাশ কৰিবলৈ নাইবা শৃংখলাৱদ্ধ
কৰিবলৈ আদেশ প্ৰচাৰ কৰা নাই।”
ৰাজপ্রাসাদৰ
প্ৰতিটো মহলাৰ দুৱাৰত বিভিন্ন নৃপতিবৃন্দ তৈমূৰৰ অভ্যর্থনাৰ কাৰণে দণ্ডায়মান
থাকিছিল। বিৰাট আতঙ্কৰেৰে সম্রাটে যেতিয়া তেওঁৰ ছয়জন পুতেকৰ বিবাহ উৎসৱ কানিবুল৪২
উদ্যানত সুসম্পন্ন কৰিছিল; তেতিয়া
মোগল সাম্রাজ্য তেওঁৰ বংশধৰৰ দ্বাৰা পৃথিবীব্যাপী এক সূত্ৰত গ্ৰন্থিত থাকিব– এয়াই তেওঁৰ সপোন নাছিলনে বাৰু?
তৈমূৰৰ দৰে
ৰাজ্যজয়ৰ কাৰণে সম্রাট আকবৰে অসংখ্য দেশ ধ্বংস কৰা নাই। ভাৰতবৰ্ষ তাৰ প্ৰাচীন
ভিত্তিৰ ওপৰত প্রতিষ্ঠিত হওঁক, দিল্লীৰ
চাৰিওফালে তৈমূৰৰ শেষ ৰাজবংশবোৰে শান্তি-শিৱিৰ প্ৰতিষ্ঠা কৰক- এয়াই আছিল আকবৰৰ
অভিলাষ।
এটি বিৰাট মহীৰূহ
সেই বীজৰপৰা গজি উঠিছিল, তাৰ
শাখা-প্রশাখা এতিয়া খণ্ড-বিখণ্ড হৈ যাব নেকি? সেই প্ৰকাণ্ড বৃক্ষটো পৃথিবীৰ বুকুৰপৰা
লুপ্ত আৰু তাৰ ফলবোৰ নিৰৰ্থক হৈ যাব নেকি? ইয়াৰ কাৰণেই বাবৰ ভাৰতবৰ্ষলৈ আহিছিল নেকি ? মোৰ অন্তৰ্দৃষ্টিৰে আন এটি গ্রন্থ অৱলোকন
কৰিলো –“সৰ-ই-আচৰাৰ৪৩ বা বেদৰ
জ্ঞানকাণ্ড। চাহজাদা দাৰাই এই
গ্ৰন্থখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। দীন-ই-ইলাহীৰ শিষ্যৰ নিশ্চয় উপযুক্ত কাম
আছিল।
তলৰ মহলাৰ পৰা
পৰিহাস ব্যঞ্জক হাঁহিৰ শব্দ ভাহি অহা শুনিলো। মই ঔৰঙ্গজেৱৰ বিস্ফোৰিত দাঁতৰ শাৰী
প্ৰত্যক্ষ কৰিলো।— তেওঁৰ
ভিতৰত হিংস্ৰ পশু জাগ্ৰত হৈ উঠিছে। তেৱেঁতো দাৰাক আখ্যা দিছিল—“ৰাফিজী” অর্থাৎ বিধর্মী, ধর্মদ্রোহী, অবিশ্বাসী; তেওঁক পৌত্তলিক অপবাদ দি পৃথিৱীৰ বুকুৰপৰা
অপসাৰণ কৰাৰ বাবে কূট-কৌশল ৰচনা কৰিছিল। উঃ! এই কথা মই আগতে বুজা নাছিলোঁ কিয়?
দীন-ই-ইলাহীৰ
শিষ্যসকলে তৃতীয় মহলাত সম্ৰাটৰ কাৰণে আত্মনিবেদন কৰিছিল। আত্মসন্মানতো মানুহৰ
ওচৰত তাৰ প্রাণতকৈও মূল্যবান। সৰ-ই-আচৰাৰ গ্ৰন্থত দাৰাই সম্রাট আকবৰক এইদৰে
শ্রদ্ধা নিবেদন কৰিছিল— হে
অদৃশ্য জগতৰ বিধাতা!
আল্লাহই মোৰ ভ্ৰাতাৰ
ওপৰত আশীৰ্বাদ বৰ্ষণ কৰক।
মই আৰু ওপৰৰ
মহলালৈ উঠি আহি দ্বাদশ স্তম্ভৰ কক্ষত উপস্থিত হ'লো।
চতুৰ্থ মহলাত
দীন-ই-ইলাহীৰ শিষ্যসকলে বাদচাহৰ ধৰ্ম অনুসৰণ কৰিছিল।
দ্বিগ্ৰহৰৰ
নামাজৰ সময় সমাগত, মই
নতজানু হৈ হাতযোৰ কৰি উপৱেশন কৰিলো। মুয়াজ্জিমৰ কণ্ঠস্বৰ বায়ুমণ্ডল ভেদ কৰি ভাহি
আহি আছিল। সম্রাট আকবৰ যেতিয়াৰপৰা ঈশ্বৰৰ একত্বৰ চিন্তাত নিমগ্ন হৈছিল, তেতিয়াৰপৰা জুম্মা মছজিদৰ নামাজৰ সময়
ঘোষণাৰ কাৰণে এগৰাকী মুয়াজ্জিন অপেক্ষা কৰি থাকিছিল। তেওঁ সকলোকে নামাজৰ কাৰণে
আহ্বান জনাইছিল।
এটি আলোকৰ শিখাই
মোক আগুৰি পেলালে, মোৰ
আত্মাই সেই আলোকৰ শিখাত অৱগাহন কৰিলে। মই অনুভৱ কৰিলো— সম্রাট আকবৰৰ নয়ন কিদৰে উন্মীলিত
হৈছিল।
সম্রাট আকবৰ
শৈশৱত বেলেগৰ মাজেৰে সত্য উপলব্ধি কৰিবলৈ চেষ্টা কৰিছিল। যৌৱনত তেওঁ অভিষ্ট সন্ধান
দাতা গুৰুৰ সন্ধান নাপাই নিৰাশ হৈ পৰিছিল। কিন্তু তেওঁ উপলব্ধি কৰিবপৰা নাছিল যে, অত্যন্ত শ্ৰদ্ধাৰে তেওঁ প্ৰতি
পদক্ষেপতেই তেওঁৰ অভীষ্ট লক্ষ্যৰ ফালে অগ্ৰসৰ হৈছে।
মই যেন সপোনৰ
মাজত ইবাদতখানাৰ উলেমা, ইমামসকলক
দেখিলো; তেওঁলোকৰ উষ্ণীষ
ধুমুহাৰ জোকাৰণিত সুবৃহৎ পুষ্পৰ দৰে আন্দোলিত হৈ আছিল। এইসকল জ্ঞানীয়ে শাস্ত্ৰৰ
বিধান ছিন্ন কৰি দিছিল আৰু লগে লগে আতিশয্যৰ আবেগত পৰস্পৰক ছিন্ন কৰি পেলাইছিল। মই
দেখিলো, যেন নিশা পণ্ডিত
ও চুফীসকলে সম্ৰাটৰ শয়ন কক্ষৰ বাৰাণ্ডাৰ দোলনাত বহি দুলি আছে। নক্ষত্রমণ্ডলীৰ তলত
দোলনাত সমাসীন হৈ তেওঁলোকে তেওঁলোকৰ জ্ঞান ভাণ্ডাৰৰ ব্যাখ্যা সম্ৰাটৰ ওচৰত নিবেদন
কৰিছিল। তেওঁলোকে কৈছিল— মানুহে
নিজৰ চেষ্টাত যোগবলত নিজৰ শৰীৰক সূক্ষ্ম ... অথবা৪৪ বিদেহ কৰি হীৰকৰ
অণুৰ মাজত প্ৰবেশ কৰিব পাৰে অথবা দেহক চন্দ্ৰৰ প্রান্তদেশলৈ লৈ যাব পাৰে। মানুহে
নিজক আলোক ৰেখাৰ মাজেৰে উৰ্দ্ধলোকত লৈ যাব পাৰে, অথবা ধৰিত্ৰীৰ অন্তঃস্থলত বিলীন কৰি দিব পাৰে, আকৌ ভাহি উঠিব পাৰে। যোগীৰ ওচৰত পানী
আৰু ভূমি সমান পদার্থ।
মই দেখিলো, তেতিয়াও সমগ্র জগত নিস্তব্ধ, প্রভাতৰ আকাশ ক্ৰমশঃ নীলা ধূসৰ বৰণ
ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে— সম্রাট
ফতেপুৰ চিক্ৰীৰ এটি পৰিত্যক্ত কোণত এটুকুৰা বৃহৎ প্ৰস্তৰৰ ওপৰত সমাসীন। নির্জন
নিশা চিন্তাত নিমগ্ন, সম্রাট
সেই স্বপ্নালোকৰ পৰা নিৰ্গত হৈছে। প্ৰভাতৰ প্ৰথম বতাহে তেওঁৰ শৰীৰ স্নিগ্ধ কৰি
দিছে, কিন্তু জীৱনৰ
সিপাৰেই মৃত্যু। তেওঁৰ স্থূলদৃষ্টি বক্ষনিৱদ্ধ, তেওঁৰ আত্মাৰ দৃষ্টি অন্তর্মুখী। সেই ৰাজ্যত তেওঁ অভীষ্ট পদাৰ্থৰ
সন্ধান পাইছে।
কোনে উপলব্ধি
কৰিব পাৰে সম্ৰাটৰ মনৰ মাজত প্ৰস্তৰোৎকীৰ্ণ অমলিন বৰ্ণৰ দৰে কি ধৰণৰ সত্য অঙ্কিত
হৈ উঠিছিল? পৃথিৱীত
কিছুমান শ্বাশ্বত বিধান আছে যিবোৰ মানুহৰ অলঙ্ঘ্য; আৰু স্ৰষ্টা আৰু সৃষ্টি জীৱৰ
মাজত এনেকুৱা এক অজ্ঞাত সম্বন্ধ আছে. মানুহৰ ভাষাই যি সম্বন্ধ প্ৰকাশ কৰিবলৈ
অক্ষম। সম্রাটে যি উপলব্ধি কৰিব পাৰিছিল ময়ো আজি সেয়া উপলব্ধি কৰিব পাৰিছো। সেই
বিৰাট এক, তাৰ
পাছত আৰু একো নাই। .....
“একমেবাদ্বিতীয়ম”
মুয়াজ্জিমৰ
কণ্ঠ নীৰৱ হৈ গৈছে— মোৰ
চাৰিওফালে নীৰৱতা— এসময়ত
যেনেকৈ সেই প্রস্তুৰত সমাসীন মহামানৱৰ চাৰিওফালে আছিল। সম্রাট আকবৰৰ অন্তৰত আছিল
এক বিৰাট প্রশান্তি, মই
তেওঁৰ ধৰ্ম বিশ্বাসৰ মাজেৰে তেওঁৰ সংগ উপলব্ধি কৰিলো।
চাৰিটা স্তম্ভৰ
ওপৰত স্থাপিত পঞ্চম মহলাটো সম্ৰাটৰ সিংহাসনৰ কাৰণে নিৰ্দিষ্ট আছিল। তাত সেই বিৰাট
পুৰুষে সমাসীন হৈ নগৰ পৰিদৰ্শন কৰিছিল, যেন বিৰাট শূন্যতাৰ মাজেৰে বহুদিনব্যাপী অনুসন্ধানৰ ফলত তেওঁ তেওঁৰ
লক্ষ্যত উপনীত হৈছিল।
* * *
অষ্টম স্তৱক
আমালোকৰ মোগল
বংশ বহুদিন ভ্রাম্যমান আছিল। মোৰ সন্মুখৰ বিৰাট প্ৰান্তৰৰ সিপ্লান্তত চাঘতাই৪৫ পৰ্বতৰ উপত্যকাৰ
মাজেৰে যোৱা বনপথৰ ৰেখা প্রত্যক্ষ কৰিলোঁ; চাঘতাই জাতি শিৱিৰৰ পাছত শিৱিৰ স্থাপন কৰি গৈছে— সমৱেত সংগীতত চৌদিশ মুখৰিত হৈ উঠিছে।
নিৰ্জন গিৰি প্ৰান্তৰ অতিক্ৰম কৰি চমকন্দৰ পুষ্পশোভিত বনপথেদি ফাৰগানাৰ অধীশ্বৰ
গৈছে; যাযাবৰ জাতিৰ
মিলন কেন্দ্ৰ ‘তাৰিম
সৈকত' অতিক্ৰম কৰি
তুহিন শীতল বায়ুৰ মাজেৰে মোগলজাতি যাত্ৰা কৰিছে— অৱশেষত মোগলজাতি ভাৰতবৰ্ষৰ সীমান্ত প্ৰদেশত উপস্থিত হ'ল। সমগ্ৰ পৃথিৱী জয়ৰ উদ্দেশ্যে সেই
বিজয়ী দল পশ্চিমে ইউৰোপ, পূবে
চীনলৈকে প্ৰব্ৰজন কৰিলে। সেই দলৰে সোণালী শাখা৪৬ ভাৰতলৈ আহি সিহঁতৰ শেষ শিৱিৰ স্থাপন
কৰিলে।
দুর্দমনীয়
তেজলৈ মোগল বংশোত্তম বাবৰ আৰু সম্রাট আকবৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ অনুকৰণত বিজয়ৰ
উদ্বেল তৰংগ মালাত সন্তৰণ কৰিছিল। প্ৰাচীন যুগত মানুহে অতি দুৰাগত ধ্বনি শুনিবলৈ
পাইছিল আৰু বহু দূৰৰ ক্ষুদ্রতম বস্তুৰো সন্ধান পাইছিল। সম্রাট আকবৰ সুক্ষ্ম
অনুভুতিৰ দ্বাৰা চিত্ৰৰ অতি মৃদু ৰেখাসম্পাতৰ ছাঁৰ পাৰ্থক্যও অনুভৱ কৰিব পাৰিছিল।
কোমল হাতৰ পৰশত বীণাৰ তাঁৰত সুৰৰ ঝংকাৰৰ ব্যঞ্জনা তুলিব পাৰিছিল; অৱশ্যে তেওঁৰ সেই কঠিন হাতেৰে তেওঁ
বন্য হাতীও বশীভূত কৰিব পাৰিছিল।
সম্রাট আকবৰ
বৰ্হিজগতত ভাৰতৰ মহিমা প্ৰচাৰ কৰিছিল, ভাৰতৰ অভ্যন্তৰত শক্তি স্থাপন কৰিছিল। সুবর্ণখচিত ৰাজৱেশ, কৃষ্ণপ্ৰস্তৰ শোভিত কণ্ঠহাৰ পৰিধান কৰি
সিংহাসনত আৰোহণ কৰিছিল। তেওঁৰ কক্ষত তাতাৰ দেশীয় ৰেচম আৰু চীনদেশীয় ঝালৰ সমন্বিত
শতৰঞ্চি শোভা পাইছিল। তেওঁৰ এফালে বিক্ষিপ্তভাবে স্বর্ণমুদ্ৰা পৰি থাকিছিল, আনফালে তেওঁৰ হাতৰপৰা বিভিন্ন দিশত
সুবর্ণখণ্ড আৰু মুক্তাৰাজি সৰি পৰিছিল। দিল্লীশ্বৰৰ মূৰৰ ওপৰৰ বিস্তৃত চন্দ্রাতপৰ
তলত দৃশ্য ও অদৃশ্য জগতৰ সন্মিলনত সাম্ৰাজ্যৰ অভ্যন্তৰত এক নতুন যুগৰ সূচনা
কৰিছিল।
গোলাপ ফুলৰ দৰে
ফতেপুৰ চিক্ৰী ফুলি উঠিছিল— ধন-ধান্যে
ভাৰতবৰ্ষ সমৃদ্ধ হৈ উঠিছিল; তেনেকুৱা
সমৃদ্ধি ভাৰতবৰ্ষই বহু যুগ উপভোগ কৰা নাই।
অতীতৰ ফালে
নিৰীক্ষণ কৰি তেওঁ আদৰ্শ সন্ধান কৰিছিল, তেওঁ তেওঁতকৈ উপযুক্ত শাসকৰ সন্ধান পালে তাৰ হাতত ৰাজ্যভাৰ অৰ্পণ
কৰিবলৈও দ্বিধাবোধ নকৰিছিল। তেওঁ মুহূৰ্তৰ ভিতৰতে ভৱিষ্যত দৰ্শন কৰিব পাৰিছিল।
তেওঁৰ সাম্ৰাজ্যত চিত্ৰকৰে চিত্রাঙ্কনত আত্মসমাহিত হৈ থাকিছিল, গায়কে অধিক সুমধুৰ সুৰ সৃষ্টি কৰিবলৈ
ব্যস্ত থাকিছিল। তেওঁৰ মানস চকুত জগতৰ পাছত জগত উদ্ভাসিত হৈ উঠিছিল।
অতীতৰ স্মৃতি
আৰু কল্পিত ভৱিষ্যতৰ মিলনস্থলীত সম্রাট সমাসীন। মই সুদূৰ অতীতলৈ দৃষ্টি নিক্ষেপ
কৰিলো, মই বিৰাট পুৰুষ
তৈমূৰ বেগক দেখিলোঁ— শক্তিৰ
প্ৰাচুৰ্যত যিজনে পৃথিৱীখনক মনে বিচৰা ধৰণে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ
মনৰ অনুকৰণত মানুহ গঠিত নহ'লে
তেওঁ মানুহক মানুহ বুলি স্বীকাৰ নকৰিছিল। অথচ তেওঁ নিজক মহম্মদৰ ধৰ্ম বিশ্বাসীসকলৰ
অধিনায়ক বুলি ধাৰণা কৰিছিল।
সম্রাট আকবৰ
অৰ্থ অথবা তৰোৱালেৰে কোনো মানুহক তেওঁৰ ধৰ্ম বিশ্বাসৰ প্ৰতি প্রলুব্ধ নকৰিছিল।
তেওঁৰ ধাৰণা আছিল— শুদ্ধ
বুদ্ধি সম্পন্ন ব্যক্তি প্রত্যেক ধর্মতে আছে, প্রত্যেক দেশতে অলৌকিক শক্তি সম্পন্ন মানুহ আছে। যিগৰাকী ব্যক্তিয়ে
মহাপুৰুষক অনুসৰণ কৰে— সেইজন
ব্যক্তিয়ে শুদ্ধ বাটৰ সন্ধান লাভ কৰে।
তৈমুৰৰ পথ নৰমুণ্ডৰ
পাহাৰৰ ওপৰেদি ৰচিত হৈছিল; কিন্তু
সম্রাট আকবৰ যেতিয়া প্ৰজাসকলৰ সন্মুখত উপস্থিত হৈছিল— প্ৰজাসকলে শ্ৰদ্ধাৰ অৰ্ঘ্যলৈ আহিছিল, সিহঁতৰ মুখত প্ৰাৰ্থনাৰ সুৰ ফুটি
উঠিছিল।
আকৌ এবাৰ মই
নগৰৰ কোলাহলৰ শব্দ শুনিবলৈ পালো—
ধাৰণা হ'ল, অতীতে যেন নতুন জীৱনৰ সন্ধান পাইছে।
মানুহবিলাকে অৱগাহনৰ পাছত স্নানাগাৰ প্রাসাদৰপৰা নিৰ্গত হৈছে। এই প্রাসাদৰ
বহিৰাভৰণ খুবেই সাধাৰণ; কিন্তু
গম্বুজাকৃতি ছাদটো আছিল অপৰূপ, শিলৰ প্ৰাংগণ আছিল মিনাশিল্পখচিত। মই দেখিছো,
সিহঁতে সোপানশ্রেণী অতিক্ৰম কৰি আহিছে, কুঁৱাৰ কাষৰ শীতল বৃক্ষ-ছাঁত শান্তিৰ আশ্ৰয় গ্ৰহণ কৰিবৰ কাৰণে ....
।
অনাথ আশ্ৰমৰ৪৭
চাৰিওফালে বহু বুভুক্ষু সমৱেত— যোগীসকল নির্দ্দিষ্ট আশ্রমত ধ্যানমগ্ন। মই কল্পনাৰ চকুৰে অৱলোকন
কৰিলো— ময়ো যেন
তেওঁলোকৰ এজন৷ বছৰৰ এটি বিশেষ দিনত দেশৰ সমগ্ৰ প্ৰান্তৰপৰা সাধুবৃন্দ আহি আশ্ৰমত
সমৱেত হৈছিল— সম্রাটে
বিশিষ্ট সাধুসকলৰ সৈতে একেলগে ভোজন কৰিছিল।
এছাটি মৃদু
বতাহৰ আন্দোলনত মোৰ মূৰৰ কাপোৰ শিথিল হৈ পৰিল। ফোয়াৰাৰ বিচ্ছুৰিত গোলাপজলে সমীৰণ সুগোন্ধি
কৰি পেলালে। মোৰ স্মৃতিপটত ভাহি উঠিল মিৰিয়ম জমাণীৰ৪৮ গোলাপবীথিৰ
সুমধুৰ গোন্ধ। মই অন্তঃপুৰস্থিত উদ্যানবেষ্টিত মহিলা প্রাসাদবোৰৰ ফালে দৃষ্টি
প্ৰসাৰিত কৰিলো। বৃহত্তম প্রাসাদটো সম্রাটে তেওঁৰ ভাৰতীয় মহিষীসকলৰ কাৰণে ভাৰতীয়
স্থপতি ৰীতিত নিৰ্মাণ কৰাইছিল, উদ্দেশ্য— তেওঁলোকে যেন সেই প্রাসাদক নিজৰ বুলি
গ্ৰহণ কৰিব পাৰে। প্রাসাদৰ প্ৰৱেশ পথৰ কাষতেই এটি ক্ষুদ্ৰ দেৱমন্দিৰ আছিল। সেই
প্রাসাদৰ অভ্যন্তৰত সূৰ্যাস্তৰ সময়ত ভোজনৰত সম্রাটক দেখিলোঁ। চাৰণসকলে অস্তগামী সূৰ্যৰশ্মিৰ আলোকত
সম্ৰাটৰ স্তুতিগীত পৰিৱেশন কৰিছে। স্বর্ণ-রৌপ্য নির্মিত দীপাধাৰত দ্বাদশ প্রদীপ
জ্বলি উঠিল— মাজভাগত
এটি অতি বৃহৎ শুভ্র প্রদীপ জ্বলি উঠিল— প্রাসাদৰ প্ৰতিজন ব্যক্তি দণ্ডায়মান– কাৰণ পৃথিৱীত অগ্নিয়ে ভগবানৰ প্ৰতীক। প্রদীপ শিখাই ভগবানৰ দৃষ্টিৰ
আলোক। সেই প্রাসাদবোৰৰ মাজত স্বর্ণ মহলো দেখিলো— আৰু সুন্দৰ সুন্দৰ ক্ষুদ্ৰ প্ৰাসাদ প্রত্যক্ষ কৰিলোঁ- মই তালৈকে
বিশ্ৰামৰ কাৰণে গৈ আছো।
মই এটি স্তম্ভৰ
গাত মূৰ বিন্যস্ত কৰি শূন্যৰ ফালে দৃষ্টি নিক্ষেপ কৰিলো- সূর্যালোকত সমুদ্ৰৰ দৰে
প্ৰসাৰিত সুবিশাল প্ৰান্তৰ মোৰ দৃষ্টিৰ সন্মুখত প্ৰতিভাত হৈ উঠিল। মই দেখিলো অশ্ব, হস্তী প্ৰান্তৰ অতিক্ৰম কৰি গৈ আছে, শূন্যত ধূলিকণা উৰি আছে। আজিযে বিৰাট
এক মহোৎসৱৰ দিন! প্রীতি, বিশ্বাস, বিস্ময়, উচ্ছ্বাস আৰু উল্লাসত সম্রাট আকবৰে ফতেপুৰ চিক্ৰীৰ পৰিকল্পনা কৰিছিল।৪৯
* * *
সংগ্ৰামত উৎসৱত প্রেম ও ঘৃণাত
সুৰা ও শোণিতৰ উদ্বেলিত জ্বালাত
* * *
তথাপিও কিয়
সম্রাটে ফতেপুৰ পৰিত্যাগ কৰিছিল?
কিয় তেওঁৰ সমগ্ৰ শ্ৰম বিস্মৃতিৰ গহ্বৰত ডুবাই দিছিল ? আজি কিয় সেই সপোনৰ মৰ্মৰ সৌধ ভিক্ষুক
আৰু শ্বাপদৰ আবাস? দূৰত, বহুদূৰত চেকেন্দ্ৰাৰ ফালে দৃষ্টি
প্ৰসাৰিত কৰিলো, প্ৰস্তৰৰ
ওপৰত গাঢ়তৰ কুঁৱলী প্ৰতিভাত হ'ল।
সমাধি আৰু চহৰৰ মাজভাগৰ বৃক্ষবোৰ যেন প্ৰহৰীৰ দৰে থিয় হৈ আছে। সম্ৰাটৰ সমাধিৰ
কাষত প্রজ্জ্বলিত ধুপাধাৰৰ পৰা উত্থিত ধূম্রজাল কুঁৱলীত পৰিণত হৈ আছে। সেই বিৰাট
পুৰুষ মোৰ সন্মুখত প্ৰতিভাত হৈ উঠিল— তেওঁযে শাস্বত পৰিব্ৰাজক! কোনো শিৱিৰেই তেওঁৰ অবাধ গতি প্ৰতিৰোধ
কৰিবপৰা নাই। এনেকি সমাধিয়েও তেওঁক সীমাৱদ্ধ কৰি ৰাখিবপৰা নাই।
এতিয়া তেওঁৰ
সমস্ত উল্লাস শীতল হৈ গৈছে নেকি?
মহাপুৰুষ চেলিম চিত্তীৰ অনুগ্রহজাত সন্তান চেলিমে আকবৰৰ বিৰুদ্ধে
বিদ্ৰোহ কৰিছিল। সেই সন্তানৰ বিদ্ৰোহ ও জয় পিতাৰ ওচৰত খুবেই উল্লাসৰ কাৰণ আছিল
নেকি?
মই সেই
প্রহেলিকা জাল ছিন্ন কৰিবলৈ যিমানেই চেষ্টা কৰিলো, সিমানেই তেওঁ মোৰ নিকটতম হৈ উঠিল। মই তেওঁৰ সন্মুখত শপত খালোঁ, যদি যুদ্ধত আমি জয়লাভ কৰো, তেনেহ'লে পুনৰ আকবৰৰ ধৰ্মৰ শ্রেষ্ঠাংশ ফতেপুৰত পুনঃপ্রতিষ্ঠিত কৰিম; জুম্মা মছজিদত পুনৰ প্ৰাৰ্থনাৰ
ব্যৱস্থা আৰম্ভ কৰিম, জ্ঞানপিপাসু
তৰুণদলে পুনৰ ইবাদতখানাৰ গৱেষণাগাৰত নক্ষত্রমণ্ডলী পৰীক্ষা কৰিব, ৰাজপ্রাসাদত পুনৰ প্ৰেমৰ ৰাজ্য
প্ৰতিষ্ঠিত হ'ব।
মই সোণহাৰা
প্রাসাদৰ৫০ প্ৰৱেশ তোৰণলৈ আহিছো। ইয়াত মই নৱজীবন লাভ কৰিম– ইয়াতে মই প্ৰাসাদৰ প্ৰৱেশদ্বাৰত মোৰ পিয়তমৰ
সাক্ষাৎ লাভ কৰিম। ধাৰণা হ'ল
যেন শুদ্ধতম ধাতুৰ সুমিষ্টতম গোন্ধ এই প্রাসাদৰ পৰা নিৰ্গত হৈছে, প্রাসাদৰ ভিতৰে বাহিৰে সোণৰ উজ্জ্বলতা। এই প্রাসাদৰ
অভ্যন্তৰ আৰু বাহিৰৰ সুবৰ্ণমণ্ডিত
চিত্ৰবন্ধনৰ জীৱন্ত বর্ণ সমাৱেশে মানুহক মুগ্ধ কৰে। নীলাৰ পটভূমিত যুদ্ধৰ দৃশ্য, মৃগয়া চিকাৰৰ দৃশ্য অংকন কৰা হৈছে।
তেজ বৰণৰ বৃক্ষত বিভিন্ন বৰ্ণৰ ৰোমৰাজি বিভূষিত বিহংগম; স্তম্ভৰ গাত খোদিত আছে— পদ্মাসনত সমাসীন বিষ্ণুৰ অৱতাৰ
শ্ৰীৰামচন্দ্ৰৰ মূৰ্ত্তি।
দুৱাৰৰ সন্মুখত
এটি চিত্ৰ অৱলোকন কৰিলো। শৈশৱত এই চিত্ৰটোৱে মোৰ মনত এক ধৰণৰ চিন্তাৰ লহৰ তুলিছিল, সেই স্মৃতিয়ে মোক প্রলুব্ধ কৰিলে। এজন
দেৱদূত— তেওঁৰ হাতত
খড়্গাকৃতিৰ এটি বস্তু আছিল; খড়্গৰ ভিতৰৰপৰা অপৰূপ জ্যোতি স্ফূৰিত হৈ আছিল।
সেয়া দেৱদূত জিব্রাইল নেকি? দেৱদূত
ৰাজমহিষী যোধাবাঈ মিৰিয়ম জমাণীৰ ফালে অগ্ৰসৰৰত৷ মই কক্ষৰ দুৱাৰ মুখত উপৱেশন
কৰিলো।
মোৰ চিন্তাৰ
স্ৰোত অন্তঃপুৰৰ মহিলা মহললৈ প্ৰসাৰিত হ'ল। শুনিছিলো, সম্ৰাটৰ
অন্তঃপুৰত পাঁচ সহস্রাধিক মহিলা বাস কৰিছিল। এতিয়াও মোৰ কাণত ধ্বনিত হৈছে ক্ষুদ্ৰ
প্ৰসাদত ঘোষিত সেই বাণী “এক
ঈশ্বৰ, এক স্ত্ৰী” এজনী স্ত্ৰীৰ বাহিৰে যিজনে অধিক কামনা
কৰে,সি তাৰ নিজৰ সৰ্বনাশৰ পথ ৰচনা কৰে।৫১- এয়া আছিল সম্ৰাটৰ শেষ জীৱনৰ
উপলব্ধি। যদি ফতেপুৰত পুনৰ আমাৰ বিজয় সাব্যস্ত হয়, মই এই সোণহাৰা প্রাসাদত
একলিংগৰ মন্দিৰ স্থাপন কৰিম।
মই সেই ক্ষুদ্র
প্রাসাদৰ ফালে অগ্ৰসৰ হ'লো-
তাত কোয়েল মোৰ কাৰণে অপেক্ষা কৰি আছিল। এই প্রাসাদৰ স্থপতি আৰু অলংকাৰে মোক এটি
প্রাচীন হিন্দু মন্দিৰৰ কথা মনত পেলাই দিলে। মোৰ ধাৰণা হ'ল, মই যেন বালীয়া শিলৰ এটি বিৰাট ধ্বংসাৱশেষৰ মাজত অপেক্ষা কৰি আছো।
প্রাসাদৰ বিভিন্ন অংশ অপূৰ্ব সুন্দৰ কাৰুকাৰ্য খচিত— ধাৰণা হয় যেন এচিয়াৰ কল্পনা জগৎ সম্রাট আকবৰৰ হিন্দু ৰাজ্যলৈ আহি
মূৰ্ত্ত হৈ উঠিছে; সেই
জগতত সমস্ত সৌন্দৰ্য যেন ভগবানৰ চৰণত লীন হৈ গৈছে— ভগবানৰ বাহিৰে বেলেগ কোনো সত্ত্বা নাই।
মই সোপানশ্রেণী
অতিক্ৰম কৰি ওপৰৰ মহলালৈ উঠি আহিলোঁ— ইয়াত দুটা কক্ষ আছিল। প্রথম কক্ষত প্ৰৱেশ কৰি ধাৰণা হ'ল যেন স্বৰ্গৰাজ্যলৈ আহিছো, এই আশ্রয়স্থল যেন মোৰ কাৰণে
বহুকালৰপৰা অপেক্ষা কৰি আছিল।
এটি পাৰস্য
দেশীয় শতৰঞ্চি মেজৰ ওপৰত বিস্তৃত আছিল। একোণত সেউজীয়া সোণালী কিংখাপেৰে মেৰোৱা
কুশাসন আছিল। এটি খলপাৰ ওপৰত বহুকালবিস্তৃত চামৰাৰে নিৰ্মিত এটি চিত্ৰধাৰ, এটি বীণা আৰু এটি ছুৰি আছিল; সম্ভৱতঃ আমাৰ ভ্ৰাতা দাৰাই বোধহয়
ইয়াত সৰ্বশেষ অতিথি আছিল। তেওঁৰ বাহিৰে বেলেগ কোনে এই চিত্ৰ সংগ্ৰহ কৰিব পাৰে।
কোয়েলে
কেইটামান হালধীয়া চম্পাফুল এটি বৃহৎ মাটিৰ পাত্ৰত সংগ্ৰহ কৰি ৰাখিছিল। ফুলৰ
গোন্ধত সমগ্ৰ বতাহ আমোদিত হৈ উঠিল। মই বাৰাণ্ডাত বিশ্রাম ল'লো। ইয়াৰ প্ৰাচীৰবোৰ খুব চমৎকাৰ বাবে
খোদিত। এই ভাস্কৰ্যই মানুহৰ মনত এক ধৰণৰ প্ৰশান্তি প্ৰদান কৰে। আগ্ৰাৰ প্রাসাদৰ সকলো বস্তুৰ মাজত স্বর্ণালংকাৰ, মখমলৰ আৱৰণ, মূল্যবান
প্ৰস্তৰচ্ছটা; কিন্তু
ইয়াত সকলোতে বালীয়া শিলৰ সমাৱেশ।
মোৰ ধাৰণা হ'ল যেন জীৱনব্যাপী পোৱা অস্বস্তিৰ পাছত
স্বস্তিৰ কাৰণে মই এটি স্তম্ভৰ গাত পিঠি পেলাই বহিলো।
কোয়েলে মোৰ
কাৰণে কিছু খাদ্য আনিছিল। মই তাইক চিত্ৰটো আনি দিয়াৰ কাৰণে আদেশ কৰিলো।মই দেখিলো, চিত্ৰবোৰৰ চিঙা পাতত সম্রাট আকবৰৰ সময়
উল্লেখ কৰা আছে। অৱশ্যে সেই চিত্ৰবোৰৰ মাজত ভাৰতৰ কোনো মহাকাব্যৰ দৃশ্য নাইবা
ৰাজকীয় ঘটনা অংকিত নাছিল। চিত্ৰাধাৰৰ মাজত আছে পাল্কী বাহক, চিত্ৰকৰ দশৰথ৫২ অংকিত এটি ক্ষুদ্র চিত্র। মোৰ মানসিক
অৱস্থাৰ মাজত এই চিত্ৰটো আছিল এক সুমহান আশীৰ্বাদ। চিত্ৰটোৰ প্ৰচ্ছদপটত আছিল
সুউচ্চ প্রাসাদ, তাৰ
চাৰিওফালে ৰক্তিমাভ উজ্জ্বল পৰ্বতমালাৰ প্ৰাচীৰ পৰিৱেষ্টিত। এই ঔজ্জ্বল্য আৰাৱলী
পর্বতমালাৰ গাত হালধীয়া স্ফটিকৰ জ্যোতি নেকি ? সন্ধ্যাকাশৰ ঈষৎ স্বর্ণাভ জ্যোতিৰ মাজত আৰাৱলীৰ প্ৰভা বিলীন হৈ গ'ল। এটি স্বল্প পৰিসৰ পথ সৰীসৃপৰ গতিত প্রাসাদৰ
ফালে গুচি গৈছে। সন্মুখ ভাগত এটি নাৰী চিত্ৰ— বোধহয় কোনোবা নৱবিবাহিতা নাৰী— ওপৰৰ ফালে তাইৰ দৃষ্টি নিৱদ্ধ। সেই
নয়নৰ জ্যোতি মই আজিলৈকে বিস্মৃত হ'ব পৰা নাই। তাইৰ উৰ্দ্ধোত্তোলিত সোঁহাত বাঁও হাতৰ তৰোৱালৰ ফালে
প্ৰসাৰিত। তাইৰ পশ্চাতত সুসজ্জিত সেনাদলে এটি চিতা ৰচনা কৰি আছিল। মই কোয়েলক
সুধিলো- কোয়েল! তুমিতো হিন্দু নাৰী ক'ব পাৰিবানে চিত্ৰৰ বাৰ্ত্তা কি?
তাই এক মুহূর্ত
মাথোন চিত্ৰটো নিৰীক্ষণ কৰি মোৰ ফালে চালে, তাইৰ অশ্রুসজল নয়নত এক অপূর্ব আভা ফুটি উঠিল। তাই কম্পিত কণ্ঠত মৃদু
সুৰত ক'লে- এই চিত্ৰৰ
নায়িকা কুমাৰ দেৱী(কুৰাম দেৱী)। প্রায় শতাধিক বছৰ আগৰ কথা। এসয়ত কুমাৰ দেৱী
মনডোৰৰ ৰাজকুমাৰক দেখি মুগ্ধ হৈছিল। তেওঁ ৰাজকুমাৰক স্বামী হিচাপে বৰণ কৰিলে; কিন্তু তেওঁৰ পিতাই তেওঁক বেলেগ
ৰাজকুমাৰৰ লগত বিয়া দিয়াৰ সিদ্ধান্ত ল'লে। মনডোৰৰ ৰজাই কুমাৰ দেৱীৰ বিবাহ যাত্ৰাৰ বাটত আক্ৰমণ কৰিলে; কিন্তু যুদ্ধত তেওঁৰ মৃত্যু হ'ল। কুমাৰ দেৱী স্বয়ং তৰোৱালেৰে তেওঁৰ
সোঁহাত ছিন্ন কৰি দৰাৰ পিতাৰ ওচৰলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিলে। অথচ তেওঁ দৰাৰ
পিতাকক কেতিয়াও দেখা নাছিল। উপহাৰত লেখা আছিল- এয়া আছিল আপোনাৰ পুত্ৰ-বোৱাৰীৰ
সোঁহাত। অৱশিষ্ট সালঙ্কাৰ দ্বিতীয় হাতখন এজন সৈন্যৰ হতুৱাই ছিন্ন কৰোৱাই নিজৰ
পিতৃলৈ প্ৰেৰণ কৰিলে, তাৰপাছত
কুমাৰ দেৱী চিতাত আত্মাহুতি দিলে। ৰাজকুমাৰী আছিল হিন্দুস্থানৰ নাৰী।
কোয়েল গুচি গ'ল— মই অকলশৰীয়া। মই মূৰ অৱনত কৰি বহি থাকিলো। কুমাৰ দেৱীৰ তীক্ষ্ণ
দৃষ্টিয়ে মোক অনুসৰণ কৰি আছিল। হঠাৎ মোৰ মনত পৰিল– সম্রাট আকবৰৰ এই অন্তেষপুৰত মই এগৰাকী প্রৱাসী মাথোন। সম্রাট আকবৰে
মোগল তেজৰ লগত হিন্দুস্থানৰ তেজ মিশ্ৰণৰ বৃথা চেষ্টা কৰিছিল। কিন্তু হিন্দুস্থান
হিন্দুৰে থাকি গ'ল।
আৰু মোগল? হয়, মোগল মোগলে থাকি নগ'লনে বাৰু? এওঁতো হিন্দুস্থানৰ নাৰী, প্ৰায়শ্চিত্তৰ অগ্নিশিখাৰ মাজেৰে
তেওঁৰ স্বামীৰ লগত চিৰমিলন হ'ব, এই আশাত হেলাৰঙে জ্বলন্ত চিতাত আৰোহণ
কৰিব পাৰিছিল। তেওঁ নিশ্চয় তেওঁৰ সুখৰ অংশীদাৰীনি বিদেশীনি নাৰীক ঘৃণা কৰিব আৰু
তেওঁৰ লগত কেতিয়াও একেটা চিতাত প্ৰাণ বিসর্জ্জন দিবলৈ সন্মত নহ'ব। তেওঁ তেওঁৰ স্বামীৰ সন্তানৰ জননী— মোক তাই ঘৃণা কৰিব— এয়াইতো স্বাভাবিক।
চন্দ্ৰ অবিহনে
যিদৰে স্রোত বিপৰীত দিশত বৈ যায়,
দুঃখ পীড়িত প্ৰেমৰ অৱলুপ্ত গৌৰৱত মোৰ মনো তেনেকৈ মোৰ অভ্যন্তৰত
সংকোচিত হৈ উঠিল। আজি তৈমূৰৰ সেই যাযাবৰী সৈন্যবাহিনী ক'ত? মোৰ আত্মবিশ্বাসে বা ক'ত?
মই কান্দিলোঁ— মোৰ মাতাৰ মৃত্যুৰ পাছত মই আৰু এনেকৈ
কোনোদিন কন্দা নাছিলো। মোৰ ধাৰণা হ'ল
মোৰ ভৰিৰ তলৰ পৃথিৱীখন যেন অস্থিৰ হৈ উঠিছে, সমগ্ৰ পৃথিৱী যেন কোনোবা ভীষণ আদেশৰ বাবে অপেক্ষা কৰিছে।
ভাৰতৰ ভৱিষ্যত
আৰু মোৰ সমস্ত ভৰসা মোৰ ৰাখীবন্ধন ভাইৰ ওপৰত নিৰ্ভৰ কৰিছে।
মই কান্দি
কান্দি নিদ্ৰাৰ কোলাত ঢলি পৰিলো—
এটা সময়ত অশ্ব পদধ্বনিত সাৰ পাই উঠিলো। আগ্ৰাৰ বাটৰ ফালৰপৰা অহা সেই
ধ্বনি ক্ৰমশঃ নিকটতৰ হৈ আহি আছিল,
তাৰ পাছত অকস্মাৎ নীৰৱ হৈ গ'ল।
পুনৰ মই সম্রাট
আকবৰৰ মৃত নগৰত নতুন জীৱন অনুভৱ কৰিলো। মই আশা কৰিছিলো, মোৰ কক্ষৰ প্ৰস্তৰ নিৰ্মিত ঘূৰ্ণ্যমান দুৱাৰে
মোক কাষৰ কক্ষলৈ লৈ যাব- চকুৰ সন্মুখত সম্ৰাটক দেখিবলৈ পাম।
দ্ৰুতগতিত দৌৰা
ঘোঁৰাৰ শব্দই মোৰ শিৰাৰ তেজক চঞ্চল কৰি তুলিলে— নিশ্চয় ৰাজপুত সৈন্যই আকৌ ভাৰতক ৰক্ষা কৰিবলৈ লৰি কৰিছে। ৰাজস্থানৰ
মহিলাসকল ৰাজপুত যোদ্ধাৰ প্ৰসৱিনী। কোয়েলে
ক’লে-, মই এতিয়াও ধুনীয়া হৈ আছোঁ, যিদৰে
যৌৱনকালত আছিলো। সঁচা নেকি?”
মই চিত্ৰাধাৰৰ
কাৰণে হাত প্ৰসাৰিত কৰিলো। চিত্ৰাধাৰটোৱে মোক চুম্বকৰ দৰে আকৰ্ষণ কৰি আছিল। চিত্ৰাধাৰটো
খুলিলোঁ— আৰু এখন চিত্ৰ মোৰ
দৃষ্টিপথত ভাহি উঠিল। সেই চিত্ৰখনত—
শ্ৰী কৃষ্ণ একে সময়তে তেওঁৰ হাজাৰ গোপিনীৰ সন্মুখত অকলে উপস্থিত।
শ্ৰীকৃষ্ণৰ জ্যোতিত ৰুক্মিণী উদ্ভাসিতা, শ্ৰী কৃষ্ণ কালিন্দিৰ ওপৰত শায়িত, শ্ৰী কৃষ্ণই সত্যভামাৰ সৈতে ক্ৰীড়াৰত; যিয়ে যি ৰূপত শ্ৰীকৃষ্ণক
কামনা কৰে সেই ৰূপত তাৰ ওচৰত উপস্থিত হয়।৫৩ তলত চিত্ৰখন খোদিত কৰা আছে—
“তোমাৰ দাসক তুমি দৰিদ্ৰতৰ কৰা।
কাৰণ, দৰিদ্ৰই যে তোমাক নিতৌ স্মৰণ কৰে!
কোয়েলে মোৰ বাবে
এটা আয়না, কিছুমান
গুগগুল আৰু নখৰ কাৰণে ৰঙা চন্দন এৰি থৈ গৈছিল, যেন মই বিবাহ উৎসৱৰ নিমন্ত্ৰণলৈ
যাম। অৱশ্যে মই ফতেহপুৰৰ সমাধিলৈ গৈ চেলিম চিস্তীৰ সমাধি দৰ্শন কৰিম। মই মোৰ সকলো
মণিমুক্তা এৰি থৈ আহিলোঁ; মোৰ
লগত মাথোন এটা মুকুতাৰ হাৰ আছিল,
তাত এটা কবচ আছিল আৰু কবচখনত চিঠিখন আছিল। মই অতি দীনহীনৰ দৰে সেই
মহান ব্যক্তিজনৰ ওচৰলৈ যাম, তেওঁৰ নাছিল মণি-মুকুতা, নাছিল পাৰ্থিৱ সম্পদ—কিন্তু তেওঁৰ আছিল অলৌকিক ক্ষমতা—তেওঁ বন্য জন্তুবোৰক আঁতৰাই ৰাখিছিল, মানুহক আকৰ্ষণ কৰিছিল।
“আল্লাহ,
তোমাৰ দাসক তুমি দৰিদ্ৰতৰ কৰা।” চেলিম চিস্তীৰ দৰিদ্ৰতাই সম্ৰাটক
ফতেহপুৰ শিক্ৰী নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছিল নেকি? দৰিদ্ৰতাৰ অন্তৰ্নিহিত শক্তি সৌন্দৰ্য্যৰ বিপৰীত
নেকি? চাৰিওফালে নিৰীক্ষণ কৰিলোঁ, ইয়াত এতিয়াও সেই
অলৌকিক শক্তিৰ প্ৰভাৱ বিদ্যমান।
মোৰ ভ্ৰাতা
ঔৰঙ্গজেৱে টুপি তৈয়াৰ কৰিছিল; আগতে
ফকিৰৰ দৰে টুপি বিক্ৰী কৰিছিল; তেওঁৰ ক্ষমতাৰ প্ৰতি লোভী আছিল। কিন্তু সৌন্দৰ্য
দেখি ঔৰঙ্গজেৱ অতীষ্ট হৈ উঠিছিল। আমাৰ পিতাৰ আছিল সৌন্দৰ্য প্ৰীতি। তেওঁ সম্ৰাট
আকবৰতকৈও ঐশ্বৰ্যশালী আছিল; আজি
যদি তেওঁৰ সেই পূৰ্বৰ ক্ষমতা থাকিলহেঁতেন! আগ্ৰালৈ উভতি আহি আমি ৰুগ্ন মানুহৰ মাজত
হাতী-ঘোঁৰা বিতৰণ কৰিম— তেওঁলোকে
মছজিদ আৰু মন্দিৰলৈ আহি প্ৰাৰ্থনা কৰিব। আমি
ক্ৰীতদাসীসকলক মুক্ত কৰিম, দুখীয়াৰ
মাজত দহ হাজাৰ দিনাৰ৫৪ বিতৰণ কৰিম, মোৰ দানেৰে পিতৃৰ পাপৰ কিঞ্চিত হলেও প্ৰায়শ্চিত্ত কৰিম।
মই জুম্মা
মছজিদৰ ফালে আগবাঢ়িলোঁ। তাৰ পাছত উজিৰ আবুল ফজল আৰু তেওঁৰ ভায়েক ফৈজীৰ অনাড়ম্বৰ
গৃহত উপস্থিত হ’লোঁ৷
সম্ৰাট আকবৰৰ সাম্ৰাজ্য আৰু তেওঁৰ দীন-ই-ইলাহী এই দুই ভাতৃৰ ওচৰত বহু ঋণী! আমি
মন্থৰ খোজত আগবাঢ়িছোঁ, আমাৰ মস্তক অৱনত হৈ পৰিছিল। আমি ফৈজীৰ ক্ষুদ্ৰ গৃহৰ
সোপানশ্ৰেণী আৰোহণ কৰিলোঁ, ধাৰণা হ’ল,
যেন সেই ৰাজকবি তেওঁৰ সম্ৰাটৰ আবৃতি কৰিছে-শ্ৰীকৃষ্ণৰ কোনো কাহিনী,খোজত উঠিলোঁ, ৰাজকবিয়ে যেন তেওঁৰ সম্ৰাটক আবৃত্তি
কৰিছে- শ্ৰীকৃষ্ণৰ কোনোবা কাহিনী,
অথবা নাছিৰ-ই-খছৰুৰ কোনোবা কবিতা -
ফৈজীৰ অনাড়ম্বৰ
গৃহত উপস্থিত হ'লো।
সম্রাট আকবৰৰ সাম্রাজ্য ও দীন-ই-ইলাহী এই ভ্ৰাতৃদ্বয়ৰ ওচৰত বহু ঋণী। মই মন্থৰ পদক্ষেপত
গৈ আছিলো, মোৰ
মূৰ অৱনত হৈ পৰিছিল। মই ফৈজীৰ ক্ষুদ্ৰ গৃহৰ সোপানশ্ৰেণীত আৰোহণ কৰিলো, ধাৰণা হ'ল যেন সেই ৰাজকবিয়ে তেওঁৰ সম্ৰাটৰ আগত আবৃত্তি কৰিছে— শ্ৰীকৃষ্ণৰ কোনো কাহিনী, অথবা নাচিব-ই-খচৰুৰ কোনো কবিতা—
সমুদ্ৰৰ দৰে
সুবিশাল শাস্ত্ৰৰ বিধান।
ক্তাৰ দৰে ঋষিৰ
অন্তৰ-দৃষ্টি সুমহান।
সমুদ্ৰৰ গহ্বৰত
নিহিত মুকুতা শত শত;
ত্যাজ্যা তীৰ, দিয়া ডুব; গুৰুৰ সন্ধানত হোৱা ৰত।
ফৈজীৰ বিষয়ে
মোৰ এষাৰ কথা মনত পৰিছে, তেওঁ
যদিও অদ্বিতীয় কবি আছিল—নিজৰ
প্ৰয়োজনত ফৈজীয়ে কেতিয়াও কোনো বস্তু যাচ্ঞা কৰা নাছিল। তথাপিও বেলেগ এজনৰ কাৰণে
সম্ৰাটৰ অনুগ্ৰহ যাচ্ঞা কৰি পত্ৰ প্ৰেৰণ কৰিছিল, অৱশ্যে সেই মানুহজনে ফৈজীক ঘৃণা কৰিছিল৫৫- সেয়া ফৈজীও
জানিছিল।
মোৰ মনত পৰিছে
ফৈজীয়ে কি অপূৰ্ব বিনীত ভাষাত সম্ৰাটৰ ওচৰত শত্ৰুৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছিল- সিংহাসনৰ চাৰিওফালে যিসকল শুদ্ধ আত্মা
পৰিভ্ৰমণ কৰি ফুৰে, যিসকল
সাধুপুৰুষ প্ৰত্যেক প্রভাতত মাতা বসুন্ধৰাৰ স্তুতি গীত কৰে— তেওঁলোকৰ নামত মই মোৰ নিবেদন জনাইছো।
তাৰ পাছত মই
আবুল ফজলক তেওঁৰে গৃহত অভিনন্দন জ্ঞাপন কৰিবলৈ গ'লো। ইয়াত আবুল ফজল গৱেষণাত নিমগ্ন থাকিছিল, তেওঁৰ অপুৰ্ব
গ্ৰন্থসমূহ ৰচনা কৰিছিল। তেওঁ প্ৰচাৰ কৰিছিল—“ভাৰতত
বহু ঈশ্বৰৰ ওপৰত পৰমেশ্বৰ স্থাপিত হৈ আছে। সেই এক ঈশ্বৰেই সমস্ত মানৱৰ স্ৰষ্টা ও
প্রতিপালক। সেয়েহে বছৰৰ বিশেষ বিশেষ দিনত ভাৰতবৰ্ষৰ মাজত মানুহৰ ৰক্তপাত কৰা হ'ব। বিবাদৰ অংকুৰ বিনষ্ট কৰি শান্তিৰ
পুষ্পোদ্যান ৰচনা কৰা হ'ব।”
ভগবান!
মন্দিৰে মন্দিৰে ফুৰোঁ তোমাক বিচাৰি
তোমাৰেই স্তৱ
সকলো ভাষাত উঠিছে ধ্বনি।
মূৰ্ত্তিপূজক
আৰু মুছলিম তোমাৰে বাৰ্তা বয়,-
তুমি
এক, তুমি অদ্বিতীয়, সর্ব ধর্মে কয়।
নীৰৱে তোমাক কৰে
স্মৰণ মছজিদত মুছলমান,
গিৰ্জাত
তোমাৰে প্ৰেম ঘণ্টাধ্বনি কৰিছে খ্ৰীষ্টান।
এয়াই আছিল আবুল
ফজলৰ বাণী— তেওঁৰ
বাসনা আছিল তেওঁ মংগোলিয়াৰ সাধু মহাজনসকলক দৰ্শন কৰিব— লেবাননৰ৫৬ সন্ন্যাসীসকলক
দৰ্শন কৰিব। নিজৰ পৰিৱৰ্ত্তে
তেওঁ তেওঁৰ প্ৰভুক ঈশ্বৰৰ প্ৰতিনিধি পদত বৰণ কৰিছিল। ঈর্ষান্বিত চাহজাদা চেলিমে বিশ্বাসঘাতকতা কৰি তেওঁৰ শিৰচ্ছেদৰ ব্যৱস্থা কৰিছিল। শোকত
অভিভূত হৈ সম্রাট আকবৰে আহাৰ-নিদ্ৰা
ত্যাগ কৰিছিল। বন্ধু আবুল ফজলৰ জীৱনৰ বিনিময়ত তেওঁ নিজৰ জীৱন উৎসর্গ কৰিবলৈও
কুণ্ঠিত নাছিল।
ৰাজ-তোৰণৰ
মাজেৰে মই জুম্মা মছজিদৰ প্ৰাংগণত প্ৰৱেশ কৰিলো। অস্তগামী সূৰ্যৰ শেষৰশ্মি ভৰিৰ তলৰ প্ৰস্তৰখণ্ডক
ৰক্তাভ কৰি তুলিছিল। সেই পটভূমিত চেলিম চিন্তীৰ মৰ্মৰ সমাধি উজ্জ্বল্যোদ্ভাসিত হৈ
উঠিছিল। এতিয়া দেখিছোঁ তাত স্তম্ভৰ তলত
কোনো ইলাহী-শিষ্য উপস্থিত নাই।পুণ্যদিৱসোচিত পৰিচ্ছদ ভূষিত কোনো মানুহ
হোমকুণ্ডত উপস্থিত নাই। মই অকলেই সেই মহাপুৰুষৰ পুণ্যসমাধি ক্ষেত্ৰত তীর্থযাত্রী।
এই ক্ষুদ্র
পবিত্র তীর্থকেন্দ্ৰটো সম্রাট আকবৰৰ সমাধিৰ অনুৰূপ— শ্ৰেণীৱদ্ধ সছিদ্র শ্বেত মৰ্মৰ গবাক্ষ সমাধি প্ৰদক্ষিণ কৰি গুচি
গৈছে। এইবোৰে ইউৰোপৰ মঠত ঝালৰ উৎসৰ্গৰ কথা মনত পেলাই দিয়ে।৫৭ সমগ্ৰ
ভাৰতত এনেকুৱা আৰু কোনো মন্দিৰৰ পৰিকল্পনা কৰা হৈছে নেকি? এই অর্ঘ্য স্বয়ং সম্রাটে চেলিম চিস্তীক
উৎসর্গ কৰিছিল। মই সোপানশ্রেণী অতিক্রম কৰি প্রৱেশ পথৰ ফালে অগ্ৰসৰ হ'লো। সম্রাট আকবৰৰ দুৱাৰৰ ওপৰত ৰৌপ্য
নিৰ্মিত এটি অশ্বক্ষুৰ স্থাপন কৰা আছিল। এইমাত্ৰ যি অশ্বক্ষুৰ ধ্বনি শুনিছিলো
সেয়া স্মৰণ কৰিলো- মই কল্পনাৰ চকুত দেখিলো, মোৰ পিতাক উদ্ধাৰ কৰাৰ কাৰণে সহস্ৰ ৰাজপুত অশ্বাৰোহী দ্রুত গতিত
অগ্ৰসৰ হৈছে। লগে লগে মই দেখিলোঁ,
প্ৰাচীৰৰ গাত স্বর্ণাক্ষৰত উৎকীর্ণ আছে— “ভগবান, পৌত্তলিক শত্রুসকলৰ শাস্তি বিধান কৰা।” কিন্তু সেই বিধৰ্মীসকলৰ মাজতো ঈশ্বৰ বিশ্বাসী আছে, সিহঁত আমাৰ সাম্ৰাজ্যৰ প্ৰহৰী......।
অনন্তৰ লগত কালৰ
যি সম্বন্ধ, অসীমৰ
লগত স্থানৰ সেই একেই সম্বন্ধ। এইবাৰ সমস্ত পাৰ্থিৱ বিৰোধিতাৰ বিৰুদ্ধে মই শৈশৱৰ
অন্তৰালত আশ্রয় পালো। তাত এজন দেৱদূত মোৰ ওচৰলৈ গোপন বাৰ্ত্তালৈ আহিছিল— একমাত্ৰ মোৰ ওচৰলৈ। ভগবান পাখিপুটত
যেনেকৈ বিশ্ববীজক ৰক্ষা কৰে৫৮ তেনেকৈ আল্লাহৰ সিংহাসনৰপৰা নামি আহিছে
এজন দেৱদূত— চেলিম
চিস্তীৰ গম্বুজক ৰক্ষা কৰাৰ কাৰণে।
শুদ্ধতমৰ
সান্নিধ্য লাভ কৰা মানুহৰ কাৰণে সহজ নহয়। সমাধি কক্ষৰ স্তম্ভৰ চাৰিওফালে বেষ্টন
কৰি চতুষ্কোণ স্তম্ভশ্রেণী গুচি গৈছে। প্রাচীৰৰ সছিদ্ৰ থিড়িকিৰ মাজেৰে দিনৰ পোহৰ
কক্ষৰ ভিতৰত প্ৰৱেশ কৰিছে। অভ্যন্তৰত শ্বেত মৰ্মৰ প্ৰাচীৰৰ গাত চিত্ৰিত পুষ্পাধাৰত
ৰক্ষিত জলপদ্ম ও অহিফেন পুষ্প স্বর্ণাভ আলোক সম্পাতত উদ্ভাসিত। মোৰ ধাৰণা হ'ল যেন মই চন্দন বনৰ বহির্দেশত অপেক্ষা
কৰিছো। মোৰ অন্তৰ্দৃষ্টিত অতীত জীৱনৰ স্মৃতি ভাহি আহি আছিল— মই স্বৰ্গৰ শান্তি সদনলৈ গৈ আছো, তাত আলোক শৃংখলৰ দৰে চিৰপ্ৰবাহমান।
অতি সন্তর্পণে মই
গোপন প্রকোষ্ঠৰ দুৱাৰ খুলিলোঁ, এয়া
যেন সূৰ্যাস্তুত দিনৰ আলোকৰ ৰূপ পৰিৱৰ্ত্তন। ইয়াত খিড়িকি পথেই আলোক প্ৰৱেশৰ
একমাত্র পথ। খিড়িকিৰ উভয় কাষতে নির্বাণহীন প্রদীপ মালা জ্বলিছে।
অনন্তৰ সুবিশাল
ক্ষেত্ৰতেই মই পুষ্প-সম্পদ চয়ন কৰিছোঁ; সমগ্ৰ প্ৰাচীৰৰ গাত ও খিড়িকিৰ অন্তৰদেশত চিত্ৰত পুষ্পবোৰ দেখি মোৰ
এইবোৰ কথা মনলৈ আহিল; এই
কুসুমদাম স্বৰ্গৰ নন্দন কাননৰ পৰা চয়নিত। সেই কাননত অপ্সৰাকুল পুষ্পৰ সুবাসতেই
জীৱন ধাৰণ কৰে।
এই কক্ষৰ
সৰ্বোত্তম দর্শনীয় বস্তু হ'ল
স্তম্ভৰ ওপৰত স্থাপিত চন্দ্রাতপ। শুক্তিমুক্তা ও আবলুচ কাঠৰ প্ৰচ্ছদপটত অপূৰ্ব
সুন্দৰ এই ভাস্কৰ্য। সমাধিৰ গাত শুক্তিমুক্তাবোৰ যেন মনুষ্য চকু নিঃসৃত অশ্ৰুকণা। মোৰ হৃদয়
উদ্বেলিত হৈ উঠিল— মই
নতজানু হৈ মূৰ অৱনত কৰিলো।
সমগ্র জগৎ
কিছুমান সাম্ভাৱ্যৰ সমাধিক্ষেত্ৰ নহয়নে বাৰু ? বীজ অংকুৰিত হৈ উঠে আকৌ ধূলিত পৰিণত হয়। এটা মত্ত হাতীয়ে বহু জীৱন্ত
প্ৰাণীক পদতলত দলিত কৰিছে। এয়াইতো পৰস্পৰৰ প্ৰতি মানুহৰ নৃশংসতাৰ প্ৰতিচ্ছবি। তৰংগৰ
ওপৰত তৰংগৰ দৰে মানুহৰ দুঃখৰাশি সঞ্চিত হয়— আকাশৰ গাৰ ৰক্তিম মেঘৰ দৰে— মেঘাবৃত সূৰ্যৰ দৰে। কিন্তু অকস্মাৎ এটি স্বর্ণাভ উজ্জ্বল আলোকৰ ৰেখা
সমগ্ৰ ঠাইডোখৰ উজ্জ্বল কৰি তোলে- দুঃখৰ তৰংগই সিমানদূৰ স্পৰ্শ কৰিব নোৱাৰে........
মহম্মদৰ দৰে৫৯ স্বৰ্গত আৰোহণ
কৰা; আল্লাহৰ বিৰাট
কর্মক্ষেত্ৰ নিৰীক্ষণ কৰা; শৈশৱত
যেনেকৈ দেখিছিলোঁ, আজিও
দেখিছোঁ সেইজনা মহম্মদৰ শুভ্ৰ পচমী বস্ত্ৰ ধূলিত অবলুণ্ঠিত।৬০ বহু কম্পিত হাত
সেই বস্ত্ৰৰ ফালে প্ৰসাৰিত— সহস্ৰ
মানুহে সেইখন স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছে- জ্ঞান শিখৰত মহম্মদক অনুসৰণ কৰিবলৈ
প্ৰয়াস কৰিছে।
মই মোৰ মুৰ
উত্তোলন কৰিলো— দেখিলো, শুক্তিমুক্তা সন্ধিয়াৰ অন্ধকাৰত
আৰ্দ্ৰ ভাৰাক্ৰান্ত মানৱ চকুৰ দৰে উজ্জ্বল। যিসকল মহাপুৰুষে এই হতভাগ্য মানুহবোৰক
দুঃখ-সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰিছিল, শুক্তিমুক্তাবোৰে যেন তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰি আছিল।
নীৰৱে মোৰ অধৰে প্ৰাৰ্থনা জনাই আছিল—
'হে ঈশ্বৰ, পৃথিৱীত যি আনন্দ লুপ্ত হৈ গৈছে, তুমি সেই আনন্দ কণাবোৰ স্বৰ্গত সংৰক্ষণ
কৰা আৰু আকৌ সেই আনন্দক পৰিশোধন কৰি নতুন জগতৰ মানুহক ওভতাই দিয়া।”
মই মোৰ কক্ষৰ
কাষত পদধ্বনি শুনিলো নেকি বাৰু?
নাই নাই, আকৌ
নীৰৱতা। কিন্তু ইয়াত আকৌ কোন গৰাকী মানুহৰ স্পষ্ট পদধ্বনি! মই দেখিলো, সেই মূহূৰ্তত দুৱাৰ উন্মুক্ত হৈছে।
উন্মুক্ত দুৱাৰৰ মাজেৰে এটি আলোকৰ শিখা প্রৱেশ কৰিছে— সেই আলোকৰ শিখাত দেখিলোঁ, দণ্ডায়মান এজন উন্নত শিৰ শুভ্ৰ
উষ্ণীষধাৰী বীৰ সৈনিক পুৰুষ— মোৰ
ৰাখীবন্ধন ভাই!— মই
অকস্মাৎ পূর্ণ বিস্ময়ত অভিভূত হৈ উঠিলো— তাৰপাছত বিস্ময় পূৰ্ণ প্ৰশান্তিত পৰিণত হ'ল। এনেকুৱা ঘটনাও সম্ভৱনে? দিব্যধামৰপৰা মোৰ চকুত প্ৰতিভাত হ'ল যেন মই পূর্বেও আৰু বহু জনম এই
পৃথিৱীত বাস কৰিছোঁ। মোৰ যি সামান্য প্রাক্তন সংকর্ম, সেয়া এই মুহূৰ্তত পৰিপূর্ণতা লাভ
কৰিছে। মই এতিয়া জাহানাৰা নহয়,
মই অনন্ত ৰাজ্যৰ এটি সত্ত্বা মাথোন।
তাৰ পাছত মোৰ
মুখণ্ডলৰপৰা অবগুণ্ঠন উন্মোচন কৰি পেলালো- তেওঁৰ চকুৰ ফালে দৃষ্টি নিৱন্ধ কৰিলো।
তৎক্ষণাৎ মই ধাৰণা কৰিলো, মই
যি পত্ৰ পাইছিলো সেয়া তেওঁ লেখা নাছিল, মোৰ পত্ৰও তেওঁ পঢ়া নাই। ঔৰঙ্গজেৱে পত্ৰখন জাল কৰিছিল। তেওঁৰ লেখা
পত্ৰখন নষ্ট কৰি পেলাইছিল— প্ৰশান্ত
দৃষ্টিত তেওঁ মোৰ ফালে চালে, তেওঁৰ
চকুৰ ভাষাত আছিল— “হে
দোষলেশহীনা নাৰী” । তাৰ পাছমুহূৰ্ততে
তেওঁৰ মুখমণ্ডলত পৰিৱৰ্ত্তন লক্ষ্য কৰিলো। তেওঁৰ সম্পূৰ্ণ দেহ কঁপি
আছিল, তেওঁৰ তেজ দ্রুত
সঞ্চালন হৈছিল, তেওঁৰ
চকুৰ বৰ্ণ প্ৰত মুহূৰ্তে পৰিৱৰ্ত্তিত হৈ আছিল। মুহূৰ্তৰ ভিতৰত আমি দৈনন্দিন
জগতৰপৰা উৰ্দ্ধলোকলৈ উন্নীত হ'লো।
তাৰ পাছত মোৰ অৱসন্নতা আহিল, যেন
কৈ দিলে আমাৰ আৰু অধিক সুদৃঢ় ভিত্তিৰ ওপৰত অৱস্থান লোৱা প্রয়োজন। মই মোৰ
মুখমণ্ডল অৱগুণ্ঠনেৰে আবৃত কৰিলো। মই মৃদুকণ্ঠত উচ্চাৰণ কৰিলো, “মোৰ ৰাখীবন্ধন ভাই।” নিস্তব্ধতা অপসৃত হ'ল।
তেওঁ মোক
সম্ভাষণ জনালে, যিদৰে
দৰবাৰত প্ৰৱেশৰ প্ৰথম দিনা জনাইছিল। মই দেখিলো, তেওঁ তেওঁৰ কপাল নিৱদ্ধ কৰপুট উত্তোলন কৰিলে- কৰপুট কম্পিত; তাৰ পাছত হস্তদ্বয় বক্ষদেশত স্পৰ্শ
কৰিলে, তেওঁৰ দৃষ্টি
শুক্তিমুক্তা খচিত চন্দ্ৰাতপৰ ফালে নিৱদ্ধ হৈ আছিল।
কেতিয়া নাৰী এই
পবিত্রতম ধামত প্ৰৱেশৰ অনুমতি লাভ কৰিব? কিন্তু মই জাহানাৰা বেগমে সেই অধিকাৰ পাইছোঁ। ধাৰণা হ'ল কক্ষটোৱে যেন দিব্যত্ব হৈ কৰিছে।
সেই স্তম্ভবেষ্টিত
কক্ষৰ মাজভাগত শেখসকলৰ কাৰণে শতৰঞ্চি পাৰি থোৱা আছিল। তাত বহি তেওঁলোকে অসংখ্য তীর্থযাত্ৰীৰ
মংগলার্থে নিৰন্তৰ কোৰাণ আবৃত্তি কৰিছিল। আজি আমি মাথোন দুজন তীর্থযাত্রী। মই ৰাওক
শতৰঞ্চিৰ ওপৰত উপৱেশন কৰিবলৈ অনুৰোধ কৰিলো আৰু মই অকণমান আঁতৰত উপৱেশন কৰিলো। মই
নিঃসন্দেহ আছিলো যে, তেওঁৰ
গভীৰ বক্তব্য বিষয় প্ৰকাশৰ কাৰণে সমাধিৰ নিৰ্জনতাৰ প্ৰয়োজন।
ৰাৱে মোক
স্পষ্টভাবে ক'লে— আমাৰ এই সাক্ষাতৰ ওপৰত হিন্দুস্থানৰ
ভৱিষ্যত নিৰ্ভৰ কৰিছে; সেই
কাৰণে মই অশ্বাৰোহণত দৌৰি আহিছোঁ। এইবাৰ মই উফলব্ধি কৰিব পাৰিলোঁ-অশ্বক্ষুৰ ধ্বনিৰ
উৎস। আজিয়ে মোৰ পিতাই
ঠিক কৰিছে যে, তেওঁ
স্বয়ং তেওঁৰ বিদ্ৰোহী পুত্ৰসকলৰ বিৰুদ্ধে অভিযান চলাব। কিন্তু শায়েস্তা খাঁ আৰু
খলিলুল্লাহ খাঁৰ প্ৰৰোচনাত চাহজাদা দাৰা সেই প্ৰস্তাৱত সন্মত হোৱা নাই। এই দুই
বিশ্বাসঘাতকে দাৰাক বুজাইছিল যে,
যদি সম্রাটে স্বয়ং সৈন্য পৰিচালনা কৰে, তেনেহ'লে জয়ৰ গৌৰৱ সম্রাটৰে প্ৰাপ্য হ'ব- সম্রাট পুত্ৰৰ নহ'ব।
ভাগ্য দেৱতাই চাহজাদাক সৈন্য পৰিচালনাৰ যি সুযোগ প্ৰদান কৰিছে সেয়া ব্যৰ্থ হৈ
যাব। কি দুর্ভাগ্য! সহস্ৰ দুৰ্ভাগ্য! দাৰা তুমি সহজে প্ৰতাৰিত হৈছা—
ৰাৱে ক'লে- দাৰাৰ চকু উন্মীলন কৰি দিব লাগিব।
এই কাম মই কাইলৈয়ে কৰিব লাগিব।
মূৰৰ ওপৰৰ মুক্ত
আকাশ চোৱাৰ কাৰণে মোৰ তীব্ৰ আকাংক্ষা হ'ল। মুক্ত বতাহত বহাৰ কাৰণে আকুল আগ্রহ জন্মিল। এতিয়া প্ৰতিটো
মুহূৰ্ত মোৰ কাৰণে অতিশয় মূল্যবান। ফতেপুৰৰ পৰিত্যক্ত উদ্যানত ক্ষুদ্ৰ প্ৰসাদৰ
সন্ধান কৰি ল'ম, তাতে আমালোকৰ গুপ্ত মন্ত্ৰণা চলিব।
মই প্ৰথমে
শকটাৰোহণ কৰিলো, খন্তেক
পাছতে এটি প্রাসাদত আহি উপস্থিত হ'লো।
আগতে য'ত উদ্যান আছিল— এতিয়া তাত প্ৰান্তৰ। কিন্তু পথৰ কাষত
পদ্মবনৰ স্তুপ- প্রাসাদ পর্যন্ত প্ৰসাৰিত। স্তুপৰ পদচুম্বন কৰি দুডাল আমগছ পৰস্পৰ
লগত লগলাগিকৈ থিয় হৈ আছে। এই গছডাল এটি ধৰ্ম উৎসৱৰ অংগ হিচাপে ৰূপিত হৈছিল। ভাৰতবৰ্ষৰ
উদ্যানত— কৃষিৰ সাফল্য
কামনা কৰি কুঁৱাৰ কাষত দুডাল সজীৱ বৃক্ষশিশুৰ বিবাহ অনুষ্ঠিত কৰা হৈছিল, সেই যুগল বৃক্ষৰ ছাঁত বহি মই মোৰ
ৰাখীবন্ধন ভাইৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলোঁ।
তেওঁ আহি
উপস্থিত হ'ল। প্ৰৱেশ পথৰ দুৱাৰ
উন্মোচন কৰাৰ লগে লগেই মই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিলো। তেওঁ মুহূৰ্তৰ কাৰণে স্তব্ধ
হৈ ৰৈ গ'ল, মোৰ মুখৰ ওপৰত তেওঁৰ দৃষ্টি নিৱদ্ধ, সেই দৃষ্টিৰ উজ্জ্বলতাত মোৰ চৌপাশৰ
বায়ুমণ্ডল আলোক উদ্ভাসিত হৈ উঠিল। মই সস্মিত দৃষ্টিত তেওঁক অভিনন্দন জনালো— মোৰ স্মৃতিপটত
ভাহি উঠিল, প্রাচীন
হিন্দুকাব্যৰ এজন নায়কৰ কাহিনী —
সৌৱা মদনদেৱৰ অগ্ৰদূত আহিছে। চন্দ্ৰলোকৰ অন্ধকাৰত এখন নতুন ৰাজ্য
সৃষ্টি কৰিব- হৃদয় ও আত্মাৰ মিলনত অন্তহীন এটি প্ৰেমৰ দিৱস সৃষ্টি হ'ব।৬১ বসন্তৰ সমাগমত বৃক্ষত
যিদৰে নৱপল্লৱ সঞ্চাৰিত হৈ উঠে,
সেইদৰে মোৰ হৃদয়ত প্ৰেম সঞ্চাৰিত হ'ল। মই মোৰ ৰাখীবন্ধন ভাইক অভিনন্দন জ্ঞাপন কৰিলো – “আল্লাহ আকবৰ”। “জাল জালালুল্লাহ”৬২তেওঁ
মোৰ এই অভিনন্দনৰ প্ৰত্যুত্তৰ দিলে।
এই প্রাসাদত
তেতিয়াও মৰ্মৰ আসনবোৰ পূৰ্ব নিৰ্দিষ্ট স্থানতে সংৰক্ষিত আছিল, ৰাৱে কিছুমান পত্ৰ আসনৰ ওপৰত থ'লে। আমি আমাৰ নতুন দেওয়ান-ই-খাচত
উপৱেশন কৰিলো। প্রথমে পত্ৰবোৰৰ যথাৰ্থ সংবাদ জনাৰ কাৰণে মোৰ আকাংক্ষা জ্ঞাপন কৰিলো। মই ধাৰণা
কৰিছিলো— সঁচাকৈয়ে তেওঁ
মোৰ কোনো পত্ৰ পোৱা নাই আৰু মোক তেওঁ কোনো ধৰণৰ পত্ৰ লিখাও নাই। আমি ঘটনাৰ শৃংখল
পর্যালোচনা কৰিলো। এই ক্ষেত্ৰত উভয়েই লজ্জাত সংকোচিত হৈ উঠিলো।
তাৰ পাছত সংবাদ
আহিল, ঔৰঙ্গজেৱে আমাৰ
ভ্ৰাতা মুৰাদক ষড়যন্ত্ৰ কৰি তেওঁৰ পক্ষলৈ টানি নিছে। বিদ্ৰোহৰ আৰম্ভণিতে
ঔৰঙ্গজেৱে মুৰাদলৈ লিখা পত্ৰৰ প্ৰতিলিপি পাঠ কৰিবৰ কাৰণে ৰাৱে অনুমতি প্ৰাৰ্থনা
কৰিলে। কনিষ্ঠ সহোদৰ ভ্ৰাতা মুৰাদে তেওঁৰ সৈন্যাধ্যক্ষসকলক উৎসাহিত কৰাৰ কাৰণে
গৰ্বৰে এই পত্ৰখন প্ৰতিজন সেনানায়ক আৰু অর্থ সংগ্ৰহৰ কাৰণে ধনবান বণিকসকলক
দেখুৱাইছিল। সেই পত্ৰৰ
প্ৰতিলিপি এতিয়ালৈকে মোৰ ওচৰত আছেঃ-
“বীৰ চাহাজদা মুৰাদ বক্স, তোমাক জনাইছোঁ— মই সংবাদ পাইছো যে, চাহজাদা দাৰাই বিহ প্রয়োগ কৰি পিতাক
হত্যা কৰি সাম্ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিছে— সম্রাট পদবী গ্রহণ কৰাই ইয়াৰ উদ্দেশ্য। গতিকে চাহজাদা ছাহ শুজা অতি
প্রৱল বলশালী সৈন্য বাহিনীলৈ সিংহাসন অধিকাৰ আৰু দাৰাৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ
বাবে অগ্ৰসৰ হৈছে। মই এই সংবাদ শুনি তোমাক পত্ৰ লিখি জনাবলৈ বাধ্য হৈছো যে, তোমাৰ বাহিৰে কোনো চাহজাদাই সম্রাট হোৱাৰ যোগ্য
নহয়। দাৰা বিধৰ্মী, দাৰা পৌত্তলিক, দাৰা ইছলাম ধৰ্ম বিনাশক, চাহজাদা ছাহ শুজা ধৰ্মচ্যুত, ছিয়া সম্প্রদায়ভুক্ত আৰু সি আমাৰ
ধৰ্ম বিৰোধী। মোৰ কোৰাণৰ প্ৰতি আসক্তিয়ে তোমাক ভাৰতবৰ্ষৰ সম্রাট পদত অভিষিক্ত
কৰিবলৈ উৎসাহিত কৰিছে। কাৰণ, এই
কথা সর্বজন বিদিত সত্য যে, মই
বহুদিন পূর্বেই সংসাৰ ত্যাগ কৰিছোঁ আৰু মক্কালৈ গৈ মোৰ শেষ জীবন অতিবাহিত কৰিম, এয়াই মোৰ ব্ৰত। মই তোমাৰ ওচৰত আবেদন
জনাইছো- তুমি কোৰাণ স্পৰ্শ কৰি শপত খোৱা যে, আল্লাহৰ অনুগ্ৰহত মই তোমাক অপ্রতিদ্বন্দ্বী সম্রাট পদত অভিষিক্ত
কৰাৰ পাছত তুমি মোৰ পৰিয়ালৰ প্ৰতি সদয় ব্যৱহাৰ কৰিবা। যদি মোক কোৰাণ স্পৰ্শ কৰি
এনেকুৱা প্ৰতিশ্ৰুতি দিয়া, তেনেহ'লে ময়ো শপত খাইছোঁ যে, মোৰ সমস্ত শক্তি, কৌশল ও বুদ্ধি তোমাৰ অনুকুলে ব্যৱহৃত হ'ব আৰু তোমাক দিল্লীৰ সিংহাসনত অধিষ্ঠিত
কাৰণে সৰ্বতো প্ৰকাৰে চেষ্টা কৰা হ'ব।
মোৰ শপতৰ প্ৰতিভূ স্বৰূপ মই তোমাৰ ওচৰত একলক্ষ ৰৌপ্য মুদ্ৰা প্ৰেৰণ কৰি আছোঁ। এই অৰ্থৰ দ্বাৰা
আমাৰ মাজত সুদৃঢ় আৰু চিৰন্তন ঐক্য ও বন্ধুত্ব স্থাপিত হ’ব— আমি দুয়ো সহোদৰ ভ্ৰাতা, একে পিতাৰ সন্তান,
একে ধৰ্মত বিশ্বাসী আৰু উভয়েই কোৰাণৰ ৰক্ষক। ইয়াতেই পত্র শেষ হওঁক।
তোমাৰ আগমন প্রত্যাশা কৰিছোঁ।” ইতি-
তোমাৰ বিশ্বাসী
ভ্রাতা।
ঔৰঙ্গজেৱ
মই লজ্জাত মোৰ
মূৰ অৱনত কৰিলো আৰু হৃদয়বিদাৰক শোকত আর্তনাদ কৰি উঠিলো। ওঃ কি শঠতা! আমাৰ বংশৰ কি
ভীষণ অৱমাননা! কিন্তু এই কপট শাসকৰ হাতত ভাৰতৰ প্ৰাচীন বীৰবংশই সিহঁতৰ ৰাজ্যভাৰ
অৰ্পণ কৰিবলৈ বাধ্য হ'বনে? ঔৰঙ্গজেৱৰ হৃদয়ত এটি ব্যাঘ্ৰ লুকাই
আছে— যিদৰে আছিল
তৈমূৰৰ হৃদয়ত; কিন্তু
তৈমূৰৰ নামৰ মহিমাই কেতিয়াও ঔৰঙ্গজেৱৰ মুকুট স্পৰ্শ নকৰিব।
ৰাৱে মোৰ কথাৰ
তাৎপৰ্য উপলব্ধি কৰিব পাৰিলে। সমগ্র প্রাসাদব্যাপী নির্জনতা বিৰাজমান। তেওঁ পুনৰ
যেতিয়া কথা ক'বলৈ
আৰম্ভ কৰিলে, তেওঁৰ
সুৰ পূৰ্বাপেক্ষা গম্ভীৰ হৈ উঠিল। তেওঁ আসন পৰিত্যাগ কৰি থিয় হ'ল আৰু ইতস্ততঃ পদ সঞ্চালন কৰিবলৈ
ধৰিলে। তেওঁ গম্ভীৰ সুৰত ক'লে-
“আমাৰ
সামন্তবৃন্দই আমাৰ দেশক সাম্ৰাজ্যত পৰিণত কৰিছিল। যেতিয়া ৰাজ পৰিয়ালৰ মাজত বিবাদ
উপস্থিত হৈছিল, ৰাজস্থানৰ
নায়কসকলে তেওঁকেই সাহায্য কৰিছিল যিজনে সাম্ৰাজ্যৰ ঐক্য ৰক্ষা কৰিব পাৰিব বুলি
বিবেচনা কৰিছিল। চন্দ্ৰগুপ্ত মৌর্য বা হৰ্ষবৰ্দ্ধনৰ যুগৰ পৰা আমাৰ যোদ্ধা জাতি একে
আশা পোষণ কৰি আহিছে, একে
সপোন দেখি আহিছে ভাৰতবৰ্ষ একচ্ছত্র সাম্ৰাজ্য হ'ব। কোনো বিদেশী সম্রাট আকবৰৰ সমতুল্য হোৱা নাই। বাদচাহ বাবৰ আৰু
হুমায়ুনৰ দৰে সম্রাট আকবৰ চমৰকন্দ নাইবা বোখাৰা দেশলৈ প্ৰত্যাবৰ্ত্তনৰ কাৰণে প্ৰয়াসী
নাছিল। তেওঁৰ অভিলাষ আছিল, ভাৰতভূমিত
এটি সা্ম্ৰাজ্য স্থাপন কৰিব— যাৰ
ভিতৰত সকলো দেশৰ সৰ্বোত্তম পদাৰ্থৰ সমাৱেশ থাকিব। তেওঁ ভাৰতবাসীক বিশ্বাস কৰিছিল— ভাৰতবাসীৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁ
ভাৰতবৰ্ষৰে এজন হৈ উঠিছিল। কোনো এজন শাসকে এতিয়ালৈকে সেই স্বর্গবাসী সম্রাট আকবৰৰ
সমতুল্য হ'বপৰা
নাই। কিন্তু ঔৰঙ্গজেৱে ৰাজ্যভাৰ পালে যি হ'ব তেওঁৰ দৰেও কোনো এজন শাসকে নহ'ব। ঔৰঙ্গজেৱে ভাৰতবাসীক ঘৃণা কৰে।”
মই সাহস সঞ্চয় কৰি
ৰাৱৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলো। তেওঁৰ সহজ সৰল শান্ত নয়নযুগল পিঞ্জৰা-মুক্ত
ঈগলৰ চকুৰ দৰে হঠাৎ তীব্ৰোজ্জ্বল হৈ উঠিল। তেওঁৰ সঞ্চাৰমান চকুৰ মণি বিদ্যুৎ শিখাৰ
দৰে দ্ৰুত গতিত পৰিভ্ৰমণ কৰিবলৈ ধৰিলে। যেন মেৰু শিখৰত অৱস্থিত অগ্নিগর্ভ বিষ্ণুৰ প্ৰতীকৰ দৰে এক
অপূৰ্ব ৰাজোচিত মূৰ্ত্তি মোৰ সন্মুখত থিয় হৈ আছে, এনেকুৱা অনুভব হ'ল।
তেওঁ আকৌ মৃদু
কণ্ঠত ক'লে- ঔৰঙ্গজেৱে
হিন্দুক ঘৃণা কৰে তেওঁৰ উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত শক্তি আমাৰ আছে, এই কথা ঔৰঙ্গজেৱে জানে। তেওঁ আমাৰ
নিৰ্ভীকতাক সন্মান কৰে, কিন্তু
আমাৰ পূৰ্বপুৰুষৰ ধৰ্ম বিশ্বাসক ঘৃণা কৰে। ঔৰঙ্গজেৱে স্বৰ্গক নিজৰ সম্পত্তি বুলি
বিবেচনা কৰে। কোৰাণৰ দুই পৃষ্ঠাৰ অভ্যন্তৰত যিসকলে এই পৃথিৱীখনক আৱদ্ধ কৰি ৰাখিব
বিচাৰে, সিহঁতৰ লগতে ঔৰঙ্গজেৱ
স্বৰ্গৰ একচ্ছত্র অধিকাৰ দাবী কৰে। সম্রাট জাহাংগীৰ আৰু ছাহজাহানে কোৰাণক শ্রদ্ধা
কৰিছিল, কিন্তু তেওঁলোকৰ
শাসনাধীনত হিন্দু প্রজাবৃন্দই নিজকে নিৰাপদ অনুভৱ কৰিছিল। চাহজাদা ঔৰঙ্গজেৱে নিজক
ঈশ্বৰৰ দৰে নির্ভুল বুলি ভাবে। সেয়েহে বংশধৰসকলৰ দ্বাৰা তেওঁ সাম্ৰাজ্যত দবাখেলৰ
গুটি সজাই বহিছে। সাম্ৰাজ্যৰ সিংহাসনৰ খেলত জয়লাভ কৰাৰ বাবে কোনো কামে তেওঁ
অন্যায় বুলি বিবেচনা নকৰে। যদি তেওঁ জয়লাভ কৰে তেনেহ'লে আকবৰৰ মহানুভৱ ৰাজ্যত যিবোৰ ভাল
আছিল সেইবোৰ সকলো নষ্ট হৈ যাব। হিন্দুস্থান আকৌ পূৰ্বৰ সেই অন্ধকাৰত বুৰ যাব।
সম্ভবতঃ শত বছৰ ব্যাপী ...।
মই চিঞৰি ক'লো- সি কেতিয়াও জয়ী হ'ব নোৱাৰে। চেলিম চিস্তীৰ সমাধিলৈ গৈ
যিখিনি শোকৰ তীব্ৰতা হ্ৰাস পাইছিল,
ৰাওৰ উপস্থিতিত নতুন কৰি সেই শোকে মোক আহত কৰি তুলিলে। আমি দুয়ো
ক্ষয়িষ্ণু প্রাসাদত, ধুমুহা
বিক্ষুব্ধ প্রাসাদত থিয় হৈ আছো। ধাৰণা হ'ল– ভৰিৰ
তলত এক তলহীন সমুদ্র গহ্বৰ মুখবাদন কৰি আমাৰ কাৰণে অপেক্ষা কৰি আছে।
তাৰ পাছত মই
ৰাওৰ ওচৰত অতীতৰ কাহিনী বর্ণনা কৰি ক'লো- এদিনাখন চাহজাদা দাৰাই তেওঁৰ যৌৱন কালত আমাৰ পিতা, ঔৰঙ্গজেৱ, শুজা আৰু মুৰাদক আমন্ত্ৰণ
কৰিছিল।আমন্ত্ৰণ কক্ষৰ কাষত এখন নদী সংযোজিত আছিল।তাত এলেপ্পো দেশত নির্মিত বহু মুকুট
আছিল। চাহজাদা দাৰাই এই কক্ষটো দেখুৱাবৰ উদ্দেশ্যেই এই নিমন্ত্ৰণৰ আয়োজন কৰিছিল।৬৩ দাৰাই বহুবাৰ
কক্ষৰ ভিতৰলৈ যাতায়ত কৰিছিল। ঔৰঙ্গজেৱ দুৱাৰৰ কাষত বহি আছিল আৰু এবাৰৰ কাৰণেও
কক্ষৰ অভ্যন্তৰত প্ৰৱেশ কৰা নাছিল। অৱশেষত তেওঁ উঠি অদৃশ্য হৈ গৈছিল। তেওঁৰ সেই
ব্যৱহাৰত সম্রাট খুবেই অসন্তুষ্ট হৈছিল। তেতিয়া উৰঙ্গজেৱে উত্তৰত কৈছিল যে, চাহজাদা দাৰাই সম্রাট আৰু
সম্ৰাট-পুত্ৰসকলক আৱদ্ধ কৰিবৰ কাৰণে সেই ব্যৱস্থা কৰিছিল বুলি তেওঁৰ সন্দেহ হৈছিল।
শেষত মই চিঞৰি উঠি কৈছিলোঁ- ঔৰঙ্গাজেৱেই আমাৰ আটাইকে আৱদ্ধ কৰি ৰাখিব, একমাত্ৰ ৰোশন-আৰাই মুক্ত থাকিব।
ৰাৱে পুনৰ আসন
গ্ৰহণ কৰিলে আৰু ক'লে-
সম্ৰাটৰ এজন গুপ্তচৰে সন্ধান পাইছে যে, ৰোশন-আৰাই সদায় ঔৰঙ্গজেৱৰ লগত পত্রালাপ কৰি আছে আৰু সেইবোৰ পত্ৰৰ
ওপৰত নিৰ্ভৰ কৰিয়ে ঔৰঙ্গজেৱে ইমান সোনকালে ষড়যন্ত্ৰৰ ব্যৱস্থা কৰিবলৈ সক্ষম
হৈছে। অন্তেষপুৰৰ আৱৰণে অন্তঃপূৰিকাক পুৰুষৰ দৃষ্টিৰপৰা দূৰত আঁতৰাই ৰাখে, কিন্তু আৱগুণ্ঠনৰ অন্তৰালত নাৰীৰ
অস্ত্ৰ পুৰুষৰ অস্ত্ৰতকৈও ভীষণতৰ।
কেউফালৰ শঠতাত
বিক্ষুব্ধ হৈ মই কৈ উঠিলো- মই যদি সমৰ্থ হ'লোহেঁতেন তেনেহ'লে
চাদবিবিৰ দৰে যুদ্ধত যোগ দিলোহেঁতেন। তেওঁ সম্রাট আকবৰৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা
কৰিছিল। আমাৰে বংশৰ কুলবধূ নুৰজাহান বেগমে তেওঁৰ কাৰাৰুদ্ধ স্বামী জাহাংগীৰক মুক্ত
কৰাৰ কাৰণে হাতীৰ পিঠিত উঠি নদী অতিক্ৰম কৰিছিল........।৬৪
ইয়াৰ পাছত ৰাও
বহাৰ পৰা উঠি থিয় হ'ল।
দৃঢ় মুষ্টি দ্বাৰা তেওঁ সন্মুখৰ আসনত আঘাত কৰিলে। মই ভাবিলো, হয়তো মৰ্মৰ প্ৰস্তৰ খণ্ড-বিখণ্ড হৈ
যাব। তেওঁ ক'লে-
চাহজাদা ঔৰঙ্গজেৱে ঘোষণা কৰিছিল,
যদি তৈমূৰ বংশৰ সমগ্ৰ সন্তানো তেওঁৰ বিৰুদ্ধে অভিযান কৰে, তেওঁ বিন্দু মাত্র বিচলিত নহ'ব। ময়ো কৈছো যে, সম্ৰাটৰ ভাৰতীয় অনুচৰসকলে যদি দলৱদ্ধভাবে
ঔৰঙ্গজেৱৰ লগত সিংহাসনৰ পথত অগ্ৰসৰ হয় তেনেহ'লে সম্রাটে কেতিয়াও তেওঁৰ ওচৰত বশ্যতা স্বীকাৰ নকৰিব। ঔৰঙ্গজেৱে
তেজৰঙা আস্তৰণ অতিক্ৰম কৰি আহিব লাগিব।
মোৰ ধাৰণা হৈছে, যেন ইছলামৰ প্ৰথম অভিযানৰ পাছৰপৰাই
আমাৰ বংশৰ পূৰ্বপুৰুষসকলে ইছলামৰ বিৰুদ্ধে আত্মৰক্ষা কৰি আহিছে। সেই বীৰ পুৰুষসকলৰ
ভিতৰত মাণিক ৰায় সর্বশ্রেষ্ঠ আছিল। মহম্মদৰ মৃত্যুৰ অব্যৱহতি কাল পাছতে তেওঁ
সংগ্ৰামত অৱতীৰ্ণ হৈছিল। তেওঁৰ সেই বীৰত্ব কাহিনী আজিও বুন্দী ৰাজ্যত শ্রদ্ধা
সহকাৰে গীত আকাৰে গোৱা হয়। তাৰ পাছত গোগা চৌহান মামুদ গজনীৰ বিৰুদ্ধে আমৃত্যু
অভিযান চলাইছিল— তেওঁৰ
ছয়চল্লিশজন পুত্রসহ।
মই চৌহান চাৰণ
কবি চাঁদ বৰদাইৰ ভাব অনুকৰণ কৰি ক'লো-
শত্ৰুৰ উন্মুক্ত তৰোৱালৰ বিৰুদ্ধে তীর্থযাত্ৰীৰ দৰেই তেওঁলোকে অভিযান চলাইছিল। মই
মামুদ গজনীক ঘৃণা কৰো।
ৰাৱে হয়তো মোৰ
কথাত শান্তি অনুভৱ কৰিব পাৰিছিল। মোৰ কথা শুনি তেওঁৰ মুখমণ্ডল উদ্ভাসিত হৈ উঠিল।
তেওঁ কৈ গ'ল-
সেই বীৰ সন্তানসকলৰ মৃত্যু নিষ্ফল হোৱা নাই। আমি ভাৰতীয় যোদ্ধাসকলে কেতিয়াবা
দেশান্তৰত অভিযান কৰি কোনো মছজিদ নষ্ট কৰিছোনে ? কিন্তু পবিত্ৰ আল্লাহৰ নামত ৰাজস্থানৰ পথত যুগ যুগ ধৰি তেজৰ নদী বৈ
গৈছে। এই ভাৰত ভূমিত মন্দিৰৰ পাছত মন্দিৰ লুণ্ঠিত হৈছে- ধ্বংস হৈছে। নগৰকোটৰ পবিত্ৰ
মন্দিৰৰ অনিৰ্বাণ অগ্নিশিখা মামুদে নিৰ্বাপিত কৰিছিল। বিৰাট সোমনাথ মন্দিৰৰ
ধন-ৰত্নৰাজি তেওঁ লুণ্ঠন কৰিছিল। বহু শতাব্দীব্যাপী সঞ্চিত হিন্দু ৰাজন্যবৰ্গৰ ধন-সম্পত্তি
তেওঁ অপহৰণ কৰিছিল। ভাৰতীয় দেৱতাৰ মৰ্মৰ মূৰ্ত্তিবিলাক মন্দিৰৰ পৰা নিক্ষিপ্ত হৈ
আজিও নদী ও সমুদ্র গৰ্ভত পাণ্ডুৰ শৱদেহৰ দৰে ইতস্ততঃ বিক্ষিপ্ত হৈ আছে।
ৰাৱে আকৌ শূন্যৰ
ফালে দৃষ্টি নিক্ষেপ কৰিলে– যেন
তেওঁ বহু দূৰত কোনো বস্তুৰ সন্ধান কৰি আছিল। মই অত্যন্ত দুখ অনুভৱ কৰিলো। কিছু
সময় পাছত তেওঁৰ ৰাজোচিত আভিজাত্য ফুটি উঠিল। তেওঁ ক'লে- আজমীৰৰ চৌহান বংশৰ সন্তানে প্ৰতিৰোধ
গঢ়ি তুলি চুলতান মাহমুদক পলায়ন কৰিবলৈ বাধ্য কৰাইছিল। সেয়াই আছিল চুলতান মামুদৰ শেষ ভাৰত অভিযান।
কিন্তু চৌহানৰাজে মৃত্যুবৰণ কৰিছিল। শতাব্দী অতিক্রান্ত হ'ল— আকৌ সেই দুৰ্দশাৰ পুনৰাবৃত্তি ভাৰতৰ কাৰণে চিৰন্তন অৱমাননা হ'ব। সিদিনা কনৌজৰ ৰজাই আজমীৰ-দিল্লীৰ
অধিপতি ভাৰতবাসীৰ শেষ ৰজা পৃথ্বীৰাজক ধ্বংসৰ কাৰণে মহম্মদ ঘোৰীক আহ্বান কৰি
আনিছিল। কিন্তু কনৌজৰাজে সেই বিপদৰ পৰা অব্যাহতি পোৱা নাছিল। এই দুখন ৰাজ্যৰ পতনৰ
পাছত ভাৰতবৰ্ষৰ মুখত যি পৰাধীনতাৰ চিহ্ন অংকিত হৈছিল, সেয়া আজিও নির্মূল হৈ যোৱা নাই৷
মই মৃদু সুৰত ক’লো-“সংযুক্তা – সেই সুৰ মাথোন ময়ে যেন শুনিলো। কিন্তু সেই শব্দ
তেৱোঁ শুনিলে। তেওঁ চঞ্চল হৈ উঠিল— তেওঁৰ
মুখমণ্ডল তেজশূন্য হৈ উঠিল, কিন্তু
শেঁতা নহৈ কৃষ্ণবর্ণ ধাৰণ কৰিলে। মই ইয়াৰ আগতো তেওঁৰ এনেকুৱা পৰিৱৰ্ত্তন লক্ষ্য
কৰিছোঁ। তেওঁৰ মুখমণ্ডলত
যেন এটি ছাঁয়া সম্পাত হ'ল, কিন্তু তেওঁৰ চক্ষুদ্বয়ত ঔজ্জ্বল্য
ফুটি উঠিল। তেওঁ ক'লে-
পৃথ্বীৰাজৰ ওচৰত সংযুক্তাৰ স্থান পার্থিৱ সম্পদতকৈ বহু উৰ্দ্ধত আছিল, সেয়েহে সংযুক্তাৰ আকৰ্ষণত পৃথ্বীৰাজে
তেওঁৰ সিংহাসন আৰু জীৱন বিসর্জন দিব পাৰিছে। ৰাজকুমাৰী, তোমাৰ মুখমণ্ডলৰ
অৱগুণ্ঠন ছিন্ন কৰি মোৰ মণিবন্ধত বন্ধন কৰি দিয়া। মই যুদ্ধক্ষেত্ৰত তাকে লৈ
অৱতীৰ্ণ হ'ম।
সৌৱা চোৱা, দূৰৰ
সৌ প্ৰান্তৰত আজিও সম্রাট আকবৰৰ আকাশ প্রদীপ জ্বলিছে। যুদ্ধান্তত নিশাৰ অন্ধকাৰত
ফতেপুৰ চিক্ৰীলৈ প্ৰত্যাৱৰ্তন কৰা সৈন্যসকলৰ পথ আলোকিত কৰাৰ কাৰণে সম্রাটে এই আকাশ
প্রদীপ নিৰ্মাণ কৰাইছিল। বেগম চাহেবাৰ ৰাখীবন্ধন ভায়েক হিচাপে মই মোৰ
পূৰ্বপুৰুষসকলৰ দৰে ইছলামৰ সন্মান ৰক্ষাৰ কাৰণে এই কথা স্মৰণ কৰিম আৰু সৰ্বস্ব পণ
কৰিম, বেগম চাহেবাৰ
সন্মান– আমাৰ
সন্মান।
বাৱে মোক পূৰ্বৰ
দৰেই সন্মান কৰা দেখিলোঁ। সেয়ে মই স্বস্তিৰ নিঃশ্বাস পেলালো। মই মোৰ অৱগুণ্ঠনৰ
অংশ ছিন্ন কৰি তেওঁৰ মণিবন্ধত বান্ধি দিলো। সেই ছিন্ন অৱগুণ্ঠন প্রথমে তেওঁ তেওঁৰ
অধৰত স্পৰ্শ কৰিলে।
সময় পাৰ হৈ গৈ
আছিল। ধাৰণা হ'ল, যেন আজিৰ এই অৰ্দ্ধ দিৱসে মোৰ সমগ্ৰ
জীৱনক অতিক্ৰম কৰি যাব। মই আজি মোৰ ৰাখীবন্ধন ভাইৰ লগত প্ৰকৃতিৰ এই সৌন্দৰ্য
পৰিপুৰ্ণ উপভোগ কৰিম।
অস্তগামী সূৰ্যৰ
ৰক্তিমাভা দিক্চক্রবালত সিঁচৰতি হৈ পৰিছিল। ধাৰণা হৈছিল যেন আমি সূর্যোদয়ৰ সময়ত
পথ অতিক্ৰম কৰি গৈ আছো। চাৰিওফালে বিলীয়মান শূন্যমণ্ডলৰ ৰেখাৰ আৱৰণৰ অন্তৰালত
শুক্তিমুক্তাৰ দৰে আকাশখন প্ৰতিভাত হৈ উঠিছিল। নাতিদূৰৰ মেঘখণ্ডবোৰ অগ্নিশিখাৰ দৰে
স্বর্ণাভ বৰ্ণত অনুৰঞ্জিত। দূৰৰ প্ৰান্তৰ পৰা উত্থিত ভাসমান কুঁৱলী অৰুণৰাগত
অগ্নিবৰ্ণ ধাৰণ কৰিছিল। আমি সেই ৰঙা আলোকৰ মাজেৰে নন্দন কাননৰ বাট অতিক্ৰম কৰিছিলো।
কৰৱী ও প্রৱাল
বীথিৰ মাজেৰে এটি পথ শুকান সৰোবৰৰ ফালে গুচি গৈছে। ইয়াত সম্রাট বাবৰে জলকেলি
কৰিছিল, অথবা কেতিয়াবা
মাজভাগত উচ্চাসনত বহি বিশ্ৰাম কৰিছিল। অতীতত এই স্থানটো সাধাৰণ গ্রাম আছিল। ইয়াৰ
নাম আছিল চিকৰী। মই সৰোবৰৰ কাষলৈ গৈ সেই উচ্চাসনত বহিলো। ৰাৱে উচ্চাসনৰ
কাষৰ সোপানত উপৱেশন কৰিলে।
যিসকল সৈন্যাধ্যক্ষই
মনে মনে ঔৰঙ্গজেৱৰ পক্ষপাতি আছিল নাইবা মীৰজুমলা ও নজবৎ খাঁৰ দৰে তেওঁৰ লগত
যোগদান কৰিছিল, তেওঁলোকৰ
কথা ক'লো। ৰাৱে মূৰ
সঞ্চলন কৰি ডিঙি মেলি দূৰত যেন কিবা বস্তু চোৱাৰ কাৰণে প্ৰয়াস কৰিলে। মই
প্রত্যক্ষ কৰিলো, তেওঁৰ
উষ্ণীষৰ অন্তৰালত মুক্তাহাৰ সংলগ্ন অপূৰ্ব মুক্তাখণ্ড। মই মোৰ আনন্দৰ উচ্ছ্বাস সম্বৰণ
কৰিলো। এয়াতো মোৰে প্ৰদত্ত উপহাৰ!
এক ধৰণৰ নতুন
সুৰত তেওঁ ক'লে— বেগম চাহেবা, সৌৱা চাওঁক, সৌৱা সেই প্ৰান্তৰ য'ত এসময়ত বাদচাহ বাবৰ আৰু ৰাণা সংগ্রাম
সিংহই যুদ্ধ কৰিছিল....... ..
মই আৰু সেই ৰক্ত
প্লাৱনৰ কাহিনী শুনিব নোৱাৰিলো। মোৰ সহধৰ্মীসকলে ভাৰতৰ ওপৰেদি কেনেকুৱা তেজৰ
বন্যাই বোৱাইছিল!
মই ক'লো- যদি এই যুদ্ধই সাম্ৰাজ্যৰ কাৰণে
শেষ যুদ্ধ হ'লহেঁতেন
আৰু মোৰ ভ্ৰাতা দাৰাই যদি ফতেপুৰত প্ৰৱেশ কৰি শান্তিৰ উৎসৱ সমাপন কৰিব
পাৰিলেহেঁতেন....।
তাচ্ছিল্যৰ সুৰত
ৰাৱে ক'লে- এই নগৰখন
চিতোৰ দূৰ্গৰ শেষ দুৰ্গ হিচাপে নিৰ্মাণ কৰা হৈছিল। তেজৰ মাজেৰে এই সাম্ৰাজ্যৰ বন্ধন ৰচনা কৰা
হৈছিল আৰু তেজ দিয়ে সাম্ৰাজ্যৰ ঐক্য ৰক্ষা কৰিব লাগিব। তেওঁ সপোন দেখিছিল যে এক
নতুন বিশ্বাসেৰে সেই ঐক্য ৰক্ষা কৰা যাব পাৰে। কিন্তু তৈমূৰ বেগৰ মৃত্যুৰ পাছত
সাম্ৰাজ্যৰ বিশালতাৰ কাৰণে সাম্রাজ্য ধ্বংস হৈ গ'ল। সম্রাট আকবৰৰ সপোন ইমান বিশাল আছিল যে, লক্ষকোটি ক্ষুদ্র মানৱে সেই সপোন সফল
কৰিবপৰা নাই। তথাপিও আমি আজিও সেই সপোনৰ ধ্বংসাৱশেষৰ ভিত্তিৰ মাজতে জীয়াই
আছো.......।
মই অস্বস্তি
অনুভৱ কৰিলো। ধাৰণা হ'ল
আমাৰ কাৰণে এটি সুদৃঢ় ভিত্তিৰ প্ৰয়োজন— য’ত
আমি উভয়ে থিয় হ'ব
পাৰো। মই ক'লো-
সম্রাট আকবৰে ভাৰতবাসীক ভাল পাইছিল আৰু তেওঁ ৰাজস্থানৰ নাৰীসকলক বিবাহ
কৰাইছিল..........
ৰাৱে অকণমান
তীক্ষ্ণ সুৰত উত্তৰ দিলে- তেওঁ সকলো সময়তে হিন্দুসকলক সন্মান নকৰিছিল। ৰাজস্থানত
এতিয়াও কিংবদন্তি আছে যে, সম্রাটে
পৃথ্বীৰাজৰ স্ত্ৰীক প্রলুব্ধ কৰিব বিচাৰিছিল। এই পৃথ্বীৰাজেই প্ৰতাপক পত্ৰ লিখিছিল- “হিন্দুই হিন্দুৰ ভৰসা”। সম্রাট আকবৰে নওৰোজ উৎসৱত পৃথ্বীৰাজ-জায়াক তেওঁৰ স্বামীৰ প্ৰতি অবিশ্বাসী
কৰি তুলিবলৈ চেষ্টা কৰিছিল আৰু ৰাণীয়ে সেই অপমান সহ্য কৰিব নোৱাৰি তৰোৱালৰ আঘাতত
আত্মহত্যা কৰিব বিচাৰিছিল।
আমাৰ বংশৰ তেজ
মোৰ শিৰাৰ ভিতৰত চঞ্চল হৈ উঠিল। মই ক'লো- যদি এনেকুৱা কোনো মানুহ থাকে যাৰ কাৰণে মই চিৰন্তন শান্তি
বিনিময় কৰিব পাৰোঁ, তেনেহ'লে সেইজন মহামানৱ হ'ল ভাৰত সম্রাট আকবৰ। তেজ উষ্ণ হৈ উঠিল।
পুনৰ ক'লো- তেওঁৰ নয়নৰ
অকণমান সন্মতিসূচক দৃষ্টিৰ বিনিময়ত মই মোৰ সৰ্বস্ব ত্যাগ কৰিব পাৰো। ৰাওৰ
মুখমণ্ডল অন্ধকাৰাচ্ছন্ন হৈ উঠিল। তেওঁৰ দৃষ্টি অৱনমিত হ'ল। মোৰ ভাষাই তেওঁক তীব্রভাৱে দংশন
কৰিলে। মোৰ হৃদয় বিগলিত হৈ গ'ল— মই ক'লো- পৃথ্বীৰাজ জায়াৰ দৰে ময়ো যদি কোনো ভাৰতীয় ৰাজকুমাৰক বিবাহ
কৰিলোহেঁতেন!
সূৰ্যৰশ্মি মেঘৰ
কোলাত বিলীন হৈ গ'ল।
অতি ক্ষীণ শুকুলা কুঁৱলীয়ে সূৰ্যক আবৃত কৰি পেলালে। মাৰ যোৱাৰ পূৰ্বমহূর্তে সূর্য
মুহূৰ্তৰ কাৰণে দিগন্তৰেখাত উদ্ভাসিত হৈ উঠিল— এটুকুৰা বিৰাট হীৰক যেন আলোক শিখাৰ মাজেৰে বিচ্ছুৰিত হৈ গ'ল। ৰাও মোৰ ফালে চাই ৰ'ল, তেওঁৰ চকুত সস্মিত দৃষ্টি। হয়তো মোৰ অৱগুণ্ঠনৰ মাজেৰে তেওঁ মোৰ
হাস্যোজ্জ্বল মুখমণ্ডল দেখা পাইছিল।
ৰাৱে ক'লে- চাহজাদী, মোক মার্জনা কৰিব- মোৰ ভিতৰৰ সুপ্ত
সৈনিক জাগি উঠিছিল। মই আপোনাৰ অনুগত, মই
সম্রাট চাহজাহানৰ সামন্ত মাথোন। মোৰ মণিবন্ধৰ নতুন বন্ধন ৰাৱে তেওঁৰ অধৰপুট দ্বাৰা স্পৰ্শ কৰিলে।
আগামী
প্রভাতলৈকে মই ফতেপুৰত বিশ্ৰাম কৰিম— এই সিদ্ধান্ত ৰাওৰ মনঃপুত হোৱা নহ'ল, কাৰণ
পাৰিপাৰ্শ্বিক অৱস্থা অতি সংকটাপন্ন আছিল। তেওঁ স্থিৰ কৰিছিল, প্রভাতৰ আগত তেওঁ এই স্থান ত্যাগ
নকৰিব। তেওঁৰ সৈন্যবৃন্দ মোৰ ক্ষুদ্র প্রাসাদৰ তলৰ মহলাত নিশা যাপন কৰিব আৰু তেওঁ
স্বয়ং ওপৰ মহলাত গম্বুজৰ তলত এটি কোঠালিত অৱস্থান কৰিব।
প্রাসাদৰ
অভ্যন্তৰতে আমালোকৰ পৰৱৰ্ত্তী সাক্ষাৎ হ'ল। খোজা ক্রীতদাসে আমাৰ সন্মানিত অতিথিৰ কাৰণে তলৰ মহলাত সুন্দৰতম কক্ষত অতি
অনাড়ম্বৰ ভোজৰ আয়োজন কৰিছিল। কিন্তু আজিৰ দিনত মই স্থান, কাল, আৰু যুগ যুগান্তৰৰ অনুসৃত সমাজৰ নিয়ম অতিক্রম কৰি গৈছিলো। মই নিজ
হাতে মোৰ ৰাখীবন্ধন ভাইক খাদ্য পৰিৱেশন কৰিবলৈ ইচ্ছা জাগিছিল। মোৰ প্রকোষ্ঠৰ
বহিঃভাগত দ্বিকোণ প্ৰাচীৰৰ কাষত কোয়েলে এটি মৃৎপাত্ৰত কিছু চম্পাফুল আৰু তাৰ
কাষতে এটি সেউজীয়া আসন ৰাখিছিল। কস্তুৰী গোন্ধ নিঃসৃত বৃহৎ প্ৰদীপাধাৰত দুটি মোমবাতি
ৰখা আছিল। প্ৰদীপাধাৰৰ দুকাষে দুটি প্রৱাল প্রদীপ জ্বলি আছিল। এটি ক্ষুদ্র মেজত সেউজীয়া তৰমুজ আৰু সোণালী
আঙ্গুৰ ৰখা আছিল। সেইবোৰ বাবৰৰ কাবুল উদ্যানৰ পৰা আমদানি কৰা হৈছিল। মধুৰিআম, আম, পীচ, শুকান
খেজুৰ, খুবানী আৰু
বাদাম বচৰা ও ইৰাণৰ পৰা সংগ্ৰহ কৰা হৈছিল। সুবর্ণ পাত্ৰত মূল্যবান সুৰা ৰখা আছিল-
সিৰাজৰ সেই সুৰা, সিৰাজৰ তেজ-অশ্রু। প্ৰথম নিশাৰ বাসৰগামিনী
নৱবধুৰ দৰে সলজ্জ হাতেৰে মই কেইটামান পুষ্প চয়ন কৰি মোৰ কৰ্ণদ্বয় অলংকৃত কৰিলো। আকৌ নিজক অলংকাৰ
বিভূষিতা কৰি তুলিলো। এয়া মাথোন অলপ আগতে এই অলংকাৰ মই দান কৰিব খুজিছিলো।
ৰাও মোৰ কক্ষৰ
দুৱাৰত উপস্থিত। তেওঁৰ মুখমণ্ডল মোৰ ওচৰত প্ৰতিদিনেই নতুন। তেওঁৰ মুখমণ্ডলত ভীষণ সংগ্ৰাম ও
অদম্য ইচ্ছা শক্তিৰ আভাস। কোনো কোনো মুহূৰ্তত তেওঁৰ মুখমণ্ডল হাসাদীপ্ত হৈ উঠিছিল, আকৌ বেলেগ মুহূৰ্তত তেওঁৰ দৃষ্টি ইমান
গম্ভীৰ আকাৰ ধাৰণ কৰিছিল যে মই ভীত হৈ উঠিছিলোঁ।
তেওঁ মোৰ
সন্মুখৰ আসনত উপৱেশন কৰিলে— তেওঁৰ
দৃষ্টি অৱনমিত। আমি বাৰাণ্ডাৰ কোণত পৰস্পৰৰ বিপৰীত দিশৰ আসনত উপৱেশন কৰিলো। আমাৰ
মূৰৰ ওপৰত এটি ক্ষুদ্র অৰ্দ্ধগোলাকৃতি প্ৰাচীৰ– বহুদিন ব্যাপী সূৰ্যবংশৰ
সন্তানসকল স্বর্ণ পীতাভ সূর্যালোকত উদ্ভাসিত; অপৰিৱৰ্ত্তনীয় আলোকৰ গভীৰ ৰেখা এই বংশৰ সন্তানসকলৰ মুখমণ্ডলত
চিৰদিনৰ কাৰণে অংকিত হৈ আছে। সেই বীৰ পুৰুষ মোৰ সন্মুখত শ্ৰীৰামচন্দ্ৰৰ মূৰ্ত্তিৰূপে
প্ৰতিভাত।
আমি পৰস্পৰৰ অতি
কাষত বহিছিলো, তথাপিও
ধাৰণা হৈছিল যেন— এক
অদৃশ্য অতলস্পর্শী গভীৰতাই আমাৰ মাজত বিৰাট ব্যৱধান ৰচনা কৰিছে। আমাৰ চাৰিওফালে
জীৱন, আমাৰ পশ্চাতত
সহস্ৰ বছৰ........।
মোক কোনে যেন
হঠাৎ প্ৰশ্ন কৰিবলৈ বাধ্য কৰিলে- যুদ্ধৰ সময়ত যেতিয়া মানুহে মানুহ হত্যা কৰে, তেতিয়া সিহঁতৰ অনুভূতি কেনেকুৱা হয়? মই মোৰ পান্নাখচিত পানপাত্ৰ তেওঁৰ হাতত তুলি
দিলো। তেওঁ পানপাত্ৰ
স্পৰ্শ নকৰি দূৰৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। তেওঁ উত্তৰ দিলে-
আমি ৰাজপুতসকল যদি
অস্ত্ৰ ধাৰণত অক্ষম হ'লোহেঁতেন, তেনেহ'লে ৰাজস্থানৰ অস্তিত্ব নাথাকিলহেঁতেন, মোগল সাম্রাজ্য আজিলৈকে অৱশিষ্ট নাথাকিলহেঁতেন। হে চাহজাদী! হন্তা
আৰু নিহত উভয় ব্যক্তিৰ মাজেৰে এক স্রোত বৈ যায়— আমি তাকেই জীৱন বুলি কওঁ। নদীয়ে অসীম সমুদ্ৰৰ সন্ধান কৰে। মানুহৰ
জীৱন সমস্ত সীমা অতিক্ৰম কৰি স্ৰষ্টা ও সৃষ্টিৰ মাজেৰে অসীমৰ সন্ধানত ধাৱমান। মই
যেতিয়া সম্ৰাটৰ কাৰণে যুদ্ধ কৰিছো,
মানুহ হত্যা কৰিছো—
মনুষ্যত্বৰ দাবীয়ে মোক প্ৰেৰণা দিছে। যিদিনা মই যুদ্ধত নিহত হ'ম, ধাৰণা কৰিম মই মোৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিলোঁ।
মই আকৌ
অনুশোচনাত অভিভূত হৈ পৰিলো। মোৰ ভয় হ'ল— মই
বোধহয় মোৰ বীৰ ভ্ৰাতাক হেৰুৱাম। মই স্বাগত উক্তি কৰিলো- আমাৰ মাজত এনে কোন আছে
যিজনে চিৰন্তন পৰিৱৰ্ত্তন আকাংক্ষা কৰে? মই মোৰ অদৃষ্টৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিলো, এই অদৃষ্টয়েতো আমাক স্রোতৰ মাজেৰে
উটুৱাই লৈ গৈ আছে। ৰাওৰ মুখমণ্ডল মধুৰ মৃদুতাত ভৰি উঠিল, তেওঁ ক'লে- নাড়োলৰ এটি প্রস্তৰৰ গাত হৰৰাজ কুমাৰ অংগদেৱৰ কাহিনী উৎকীর্ণ
আছিল— সিংহাসনত আৰোহণৰ
দিনা অংগদেৱে বুজিছিল যে, এই
জগৎ অনিত্য অর্থাৎ পদ্মপাতৰ শিশিৰ বিন্দুৰ দৰে অদৃশ্য হোৱাৰ আগমুহূৰ্তত মুক্তাৰ
ৰূপ ধাৰণ কৰে। চাহজাদী জাহানাৰা! এই যে স্বৰ্গীয় আনন্দৰ শিশিৰ কণা আমি উপভোগ
কৰিছো, এইবোৰে কি
প্ৰমাণ নকৰেনে যে জীৱন স্রোত আনন্দ সমুদ্ৰৰ ফালে ধাৱিত হৈছে। মানুহ চিৰন্তনৰ
আকাংক্ষা নকৰেনে বাৰু ...... ?
তেওঁ মোৰ
প্ৰদত্ত পানপাত্ৰটোৰ ওপৰত তেওঁৰ কৰপল্লৱ সঞ্চালন কৰি মৰম কৰি আছিল। মোৰ হৃদয়
পৰিপূৰ্ণ হৈ উঠিল, মই
কোনো উত্তৰ দিব নোৱাৰিলো৷ তাৰ পাছত মোৰ ফালে দৃষ্টিপাত নকৰাকৈয়ে তেওঁ মোৰ প্ৰথম
প্ৰশ্নৰ উত্তৰ দিলে- বহুকাল আগত ভাৰতত এজন সম্রাট আছিল, তেওঁ জীৱহত্যা নিষেধ কৰিছিল। তেওঁৰ নাম
আছিল অশোক— তেওঁ
ইহজগতত যি কাম কৰিছিল— সকলো
পৰজগতৰ উদ্দেশ্যে ব্যৱস্থিত হৈছিল। মুকুৰৰ কাঁচৰ টুকুৰাৰ দৰে স্বচ্ছ আছিল তেওঁৰ
অন্তৰৰ প্ৰশান্তি। ৰাও যেন নিজৰ লগত নিজেই কথা পাতি আছিল– অশোক আছিল অহিংসবাদী, কিন্তু তেওঁ শত্ৰুৰ কাৰণে আর্যাৱৰ্তৰ
দুৱাৰ উন্মুক্ত ৰাখি গ'ল।
উত্তৰ ফালৰ পৰা শত্ৰুসকলে অভিযান আৰম্ভ কৰিলে- সিহঁতৰ লগত আছিল হিংস্র
হত্যাকাৰী......।
মই তেওঁৰ
প্ৰতিটো কথা অতি মনঃসংযোগ কৰি শুনি আছিলো। কিন্তু বহুদিন পাছতহে তেওঁৰ সেই কথাৰ
মৰ্মাৰ্থ উপলব্ধি কৰিব পাৰিছিলো। সেই পৰম শুভক্ষণত একমাত্ৰ তেওঁৰ চিন্তাই মোক
অপৰিসীম আনন্দ প্ৰদান কৰিছিল। তেওঁ মোৰ সন্মুখত বহিছিল— তেওঁৰ উষ্ণীষ
শুভ্ৰ, তেওঁৰ ৰাজভূষণ
শুভ্ৰ, তেওঁৰ গাৰ বৰণ
শুভ্র, তেওঁৰ কটিদেশত
আছিল কিংখাপৰ কোমৰবন্ধ (কঁকালী),
তেওঁৰ চৰণতলত সুবৰ্ণ ৰেখাংকিত কমলদল কি সুন্দৰ, কি সুসংহত আছিল!
আকাশত তৰাৰ মেলা
বহিছে— এটি তৰায়ো আমাৰ
মূৰৰ ওপৰত আলোক সম্পাত কৰিবলৈ কাৰ্পণ্য কৰা নাই। যিটো তৰা আমাৰ নিকটতম আৰু উচ্চতম
আছিল সেইটো অন্তেষপুৰৰ কাৰ্যত দুটা বৃক্ষৰ অন্তৰালত বিলীন হৈ গ'ল— তৰাৰ গতি যদি স্তব্ধ কৰি দিব পাৰিলোহেঁতেন! কাৰণ, তৰাটোৱে আমাৰ সময়ৰ পৰিমাণ কৰি আছিল, তেজৰ ধাৰা মোৰ বুকুৰ মাজত দ্ৰুত গতিত
ধাৱমান হৈছে, মোৰ
কিমান কথা ক'বলৈ
আছিল! স্বৰ্গৰ দ্বাৰ প্ৰান্তত বহি আছো। কিন্তু নন্দন দ্বাৰ শৃংলাৱদ্ধ, ইচ্ছা সত্ত্বেও স্বৰ্গত প্ৰৱেশ কৰিবপৰা
নাই।
আকৌ আমি আলোচনা
আৰম্ভ কৰিলো- সম্ৰাটৰ কথা, চাহজাদা
দাৰাৰ কথা। সেই নক্ষত্ৰটো দূৰত বিটপীৰ অন্তৰালত অন্তর্হিত হৈ গ'ল। আমি বহাৰপৰা উঠি থিয় হলো; কাৰণ তেওঁৰ আহাৰৰ সময় হৈ গৈছে। সম্রাট
আকবৰৰ নিয়মানুকৰণ কৰি তেওঁ মোক বিদায় সম্ভাষণ জনালে। তেওঁ ভূমি স্পৰ্শ কৰি আকবৰৰ
অনুকৰণত চিজদাহ৬৫ কৰিলে। সেই সম্ভাষণ কি সুন্দৰ, কি অপৰূপ আভিজাত্যপূর্ণ; ধাৰণা হ'ল যেন তেওঁ এনে ধৰণৰ বিদায় সম্ভাষণত অভ্যস্ত। তাৰ পাছত তেওঁ মূৰ
উত্তোলন কৰি মোৰ সন্মুখত থিয় হ'ল।
তেওঁ সম্ভাষণ
জনালে- চাহজাদী! সেই সুৰ আজিও মোৰ কাণত ধ্বনিত হৈছে— চাহজাদী, আপোনাৰ
কোনো সংবাদ নাপাই মই ভাবিছিলো, আপুনি
মোক বিস্মৃত হৈ গৈছে। সপোনত মই আপোনাৰ যি ৰূপ কল্পনা কৰিছিলো— সেই ৰূপ মই স্মৰণ কৰিছিলো; অৱশ্যে মই আপোনাৰ বাস্তৱ মূৰ্ত্তি কেতিয়াও দেখা
নাছিলো। তথাপিও মোৰ হৃদয়ত আপোনাৰ কল্পনাৰ মূৰ্ত্তিক শ্রদ্ধা কৰিছিলো, আজি যেতিয়া আপোনাক অৱলোকন
কৰিলো.....মুহূর্ত কাল নীৰৱে থাকি তেওঁ পুনৰ ক'লে- আজি যেতিয়া আপোনাৰ বাণী শ্রুতিগোচৰ হ'ল, অদৃষ্টৰ বাহিৰে বেলেগ কোনেও ছত্রশালক প্ৰতিৰোধ কৰিব নোৱাৰিব।
তেওঁ তেওঁৰ
বাহুদ্বয় বক্ষসংলগ্ন কৰি দ্ৰুত পদক্ষেপত ওলাই গ'ল। মই গম্বুজৰ তলত থকা কুশাসনৰ ফালে অগ্ৰসৰ হ'লো।
তাত শূন্য আসনৰ কাষত
প্ৰদীপটো বায়ু দ্বাৰা ঈষৎ সঞ্চালিত হৈ আছিল। মই পুষ্পাধাৰৰ পৰা কেইটামান চম্পা
ফুল তুলি ল'লো, মোৰ অৱগুণ্ঠনৰ পৰা ৰূপালী সূতা উলিয়াই
মালা গাঁথিলো— দিল্লীৰ
প্রাসাদত আন এটি নিশাও এইদৰে মালা গাঁথিছিলো। কিন্তু আজি ধাৰণা হ'ল, আকাশখন যেন আৰু অধিক দূৰলৈ আঁতৰি গৈছে, আজি আকাশৰ নক্ষত্ৰমণ্ডলীৰ স্বৰ্ণাভ আভা যেন অস্পষ্ট নীলা সমুদ্ৰৰ লগত
মিহলি হৈ গৈছে।
কিন্তু মোৰ
গোলাপৰ কি হ'ব? এই গোলাপৰ যে সহস্ৰ কণ্টাকাঘাত মই সহ্য কৰিছোঁ।
মই যেন সপোনৰ মাজেৰে এক অভিনৱ জগতত পৰিভ্ৰমণ কৰি আছিলো। তাত সকলো বস্তু
পৰিৱৰ্ত্তিত হৈ গাঢ়তৰ হৈ উঠিছিল। আমাৰ সত্ত্বা যেন তাত গভীৰ হ্ৰদৰ দৰে এক
ৰহস্যময় উৎস মুখত আহি মিহলি হৈ গৈছিল।
অৱগুণ্ঠন অপসৃতা
বধূৰ মুখমণ্ডলৰ দৰে উজ্জ্বল শশধৰ সৌ প্ৰান্তৰৰ সিপ্ৰান্তত কুঁৱলী ভেদ কৰি ধাৱিত
হৈছে। ৰজনী দিৱসৰ দৰে সমুজ্জ্বল। হ্ৰদৰ অৱশিষ্ট অংশ স্বর্ণাভ সেতুৰ দৰে পুণ্যতীর্থ
ভূমিৰ ফালে গুচি গৈছে। মই অৰ্দ্ধ সমাপ্ত মালা হাততলৈ প্ৰাচীৰৰ কাষলৈ গুচি আহিলো।
কুঁৱলী যেন স্ৰোতৰ আকাৰত পৰিণত হৈ ফতেপুৰৰ ফালে ধাৱিত হৈছে, তাৰ পাছত সেই কুঁৱলী তৈমূৰৰ যুগত নিহত
ৰাজপুত বাহিনীলৈ ৰূপান্তৰিত হ'ল– ৰাজপুত বাহিনী সম্রাট আকবৰ আৰু
জাহাংগীৰৰ সময়ত চমকন্দৰ পৰা আহিছিল। বল্কৰ পৰা, উজ্জয়িনীৰ পৰাও আহিছিল। সিহঁতৰ দেহত তেজৰ চিহ্ন নাই, সিহঁতৰ দেহত হালধীয়া পৰিচ্ছদ নাই; সিহঁতৰ শ্বেত পৰিচ্ছদে স্মৰণ কৰাই
দিছিল যেন সিহঁতে কোনো গোপন বার্তা বহন কৰি আনিছে...... আজি নিশা চন্দ্ৰ সিহঁতৰ
আকাশ প্ৰদীপ হৈ উঠিছে।
মোৰ অজ্ঞাতে মই
পূৰ্বদিশত দৃষ্টিপাত কৰিলো, মোৰ
উন্মুক্ত খিড়িকিৰ অদূৰত ৰাওৰ ক্ষুদ্ৰ প্ৰসাদৰ ছাদ দেখিবলৈ পালো। ছাদৰ তলত থিয় দি
আছিল ৰাও। মই কুঁজা হৈ পাষাণ প্ৰাচীৰৰ কাষত আত্মগোপন কৰিলো। মই নিশ্বাস ল'বলৈও সাহস গোটাব পৰা নাই— কাৰণ যদি ৰাৱে মোৰ উপস্থিতিৰ কথা জানিব
পাৰে। অৱশ্যে মোৰ দেহৰ প্ৰতিটো পৰমাণু এক আকুল আকাংক্ষাত উচ্ছ্বসিত হৈ উঠিছিল— ৰাৱে যেন মোৰ ফালে দৃষ্টি নিক্ষেপ কৰে।
কিন্তু তেওঁ
নিশ্চলভাবে থিয় হৈ আছিল, তেওঁৰ
দৃষ্টিয়ে বহুদূৰৰ অসীমৰ ফালে যেন কোনো বাৰ্ত্তাৰ সন্ধান কৰি আছিল। মই তেওঁৰ চকুত
এক প্ৰদীপ্ত অগ্নিশিখা প্ৰত্যক্ষ কৰিছোঁ। তেওঁৰ ফালে সৈন্যবাহিনী অগ্ৰসৰ হৈ আছিল, আসন্ন সংগ্ৰামত এই সৈন্যবাহিনী তেওঁৰ
কাষত থিয় হ'বহি-
সিহঁতে আমাক সাহায্য কৰিব।
তেওঁ অদৃশ্য হৈ
গ'ল। বায়ুৰ আবেগত
এটি প্রদীপ নুমাই গ'ল।
দুঃখে আকৌ মোক অভিভূত কৰি তুলিলে,
মোৰ অংগ-প্ৰতংগ কম্পিত হ'বলৈ ধৰিলে। সকলোকে দেখিবলৈ পালো—উর্দ্ধত অধৈর্য দাৰা,
বিলাসী ধৈর্যহীন শুজা,
কূটবুদ্ধি অদমনীয় ঔৰঙ্গজেৱ, বীৰবাহু স্থূলবুদ্ধি মুৰাদ—আৰু আমাৰ ৰুগ্ন পিতাক। তাত ময়ে একমাত্ৰ নাৰী।
মই মোৰ কক্ষলৈ
প্ৰত্যাবৰ্ত্তন কৰিলো। কোয়েল মোৰ কক্ষৰ সন্মুখত দুৱাৰৰ কাষত শয়ন কৰিছিল। বেলেগ
দুৱাৰৰ মাজেৰে ৰাওৰ কক্ষৰ প্রৱেশ পথ। মই জীৱনত আৰু কোনোদিন তেওঁৰ দৰ্শন নাপাম নেকি? যুদ্ধৰ আগত প্ৰত্যেক যোদ্ধাই প্রিয়জনৰ
লগত মিলনৰ সময় নির্বাচন কৰি লয়—
মোৰ কাৰণে ৰাও এটি মুহূর্তও ব্যয় নকৰিব নেকি ? আমাৰ মাজত কোনো কথা হোৱা নাই; নাই নাই, কোনো কথাইতো হোৱা নাই। মই আহি দুৱাৰৰ কাষত থিয় হ'লো- অতি মৃদু স্পৰ্শত দুৱাৰৰ ওপৰত
আঙুলি সঞ্চালন কৰিবলৈ ধৰিলো। মই নাজানো- আজিও মই নাজানো, কেনেকৈ দুৱাৰ খোল খাই গ'ল। নিদ্রাভ্ৰমণকাৰীৰ দৰে নিজৰ অজ্ঞাতে
যেন মই কক্ষভ্যন্তৰত প্ৰৱেশ কৰিলোঁ।
ৰাও দুৱাৰৰ প্ৰান্তত
এটি ব্যাঘ্ৰচৰ্মৰ ওপৰত নিদ্রিত,
তেওঁৰ মূৰত উষ্ণীষ নাছিল- তেওঁৰ মুখমণ্ডল সূৰ্য কিৰণৰ দৰে উদ্ভাসিত, মই তেওঁক কেতিয়াও ইমান ধুনীয়া দেখা
নাই। তেওঁৰ অধৰ প্ৰান্তত হাঁহিৰ চঞ্চলতা নেদেখিলে মই ধাৰণা কৰিলোহেঁতেন, হয়তো তেওঁ অনন্ত নিদ্ৰাত শায়িত। মোৰ
বাহুবেষ্টিত মালাৰ পুষ্পগোন্ধত যেন সমগ্র কক্ষটো আমোদিত হৈ উঠিল...... চন্দ্রালোকত
প্রকৃতিয়ে যেনেকৈ তাৰ পট পৰিৱৰ্ত্তন কৰে, মই তেনেকৈ মোৰ দ্বাৰ প্ৰান্তৰপৰা, দিৱসৰ জাগ্ৰত পৃথিবীৰপৰা, নিশাৰ ৰহস্যময় পৃথিবীত নিশাৰ প্রকোষ্ঠত অৱতীৰ্ণ হ'লো। অতি ধীৰ গতিত মই অৱসন্ন আবেগত তেওঁৰ
পদপ্ৰান্তত বহি পৰিলো— মোৰ
সৰ্বশৰীৰ পাষাণ চোতালৰ ওপৰত লুটি খাই পৰিল। মোৰ মূৰ ৰাওৰ বসন প্ৰান্তৰ ওপৰত
অৱশায়িত। মোৰ ধাৰণা হ'ল
যেন মই ডুবি গৈছোঁ— ডুবিয়ে
গৈছোঁ— যেনেকৈ সিদিনা
চন্দ্রালোকত মোৰ অৱস্থা হৈছিল, কিন্তু
আজি যেন শান্তিৰ সাগৰত ডুবি গ'লো।
মই অজ্ঞেয় অপূৰ্ব তৃপ্তিত পৰিপূৰ্ণ হৈ উঠিলো। মোৰ জীৱনৰ সেই এটি মুহূর্ত যেন
সহস্ৰ ৰজনীৰ পৰিপূৰ্ণতাত ভৰি উঠিল। মই মোৰ কক্ষ প্ৰাচীৰৰ কাষত ইতস্ততঃ পদধ্বনি
শুনিবলৈ পালো, মই
উঠি বহিলো। ৰাও তেওঁৰ মূৰ সঞ্চালন কৰিলে আৰু নিদ্ৰাৰ মাজত এক গভীৰ দীৰ্ঘশ্বাস
এৰিলে।
দ্রুত অথচ শান্তমনে
মই গাত্রোত্থান কৰিলো, মই
স্বৰ্গৰপৰা বিচ্যুত হ'লো।
কম্পিত কপোল, ভীত
হৃদয়েৰে মই মোৰ কক্ষলৈ উভতি আহিলো;
কিন্তু দেখিলোঁ, মোৰ
অৰ্দ্ধ সমাপ্ত সেই মালাডাল পশ্চাতত পেলাই আহিছো।
মোৰ কক্ষৰ
প্ৰাচীৰ অতিক্ৰম কৰি যেন কিবা এটি নিশাচৰ পখী উৰি গুচি গ'ল। এয়া কাৰ পদধ্বনি ?. মোৰ সমস্ত শক্তি লুপ্ত হৈ গ'ল। আনন্দ, দুঃখ, ভয়- একোৱে যেন সহ্য কৰিবলৈ মোৰ শক্তি নাই, মই শতৰঞ্চিৰ ওপৰত থকা গাৰোত মূৰ
বিন্যস্ত কৰি শুই পৰিলো— গভীৰ
নিদ্ৰাই মোক কোলাত তুলি ল'লে।
প্রভাতত
আকাশভেদি এক তীব্ৰ চিঞৰৰ শব্দত মোৰ টোপনি ভাঙি গ'ল। কোয়েল আহি সংবাদ দিলে যে, প্রাসাদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি ৰাতিৰ প্ৰহৰীসকলে এজন
নিৰপৰাধী লোকক হত্যা কৰিছে।
মই একো শুনিবলৈ
পোৱা নাই, মোৰ
কোনো দুঃখেই নহ'ল।
এইখিনিয়ে ধাৰণা হ'ল, যে বিগত নিশা এই লোকজনৰ চিঞৰেই মোৰ
অন্তৰত ভীতিৰ সঞ্চাৰ কৰিছিল, কিন্তু
তাৰ মৃত্যু যন্ত্ৰণাৰ তীব্ৰ চিঞৰ তেতিয়াও মোৰ কাণত ঝংকাৰ তুলি আছিল, মই সুধিলো- ৰাও ক'ত ?
দোক-মোকলিতে
তেওঁ প্রাসাদ ত্যাগ কৰি গুচি গৈছে। মই মোৰ শয়ন কক্ষলৈ যোৱাৰ আগত তালৈ গৈ দেখিবলৈ
পালো যে, মোৰ মালাডাল তাত
নাই। মালডালে পুনৰ আমাৰ মাজত যোগসূত্ৰ ৰচনা কৰিব নেকি ? মই পুনৰ তেওঁৰ লগত কেনেকৈ সাক্ষাৎ
কৰিম?
আমি নহবৎখানা
অতিক্ৰম কৰি আহিছো, বাটত
এটি শৱযাত্ৰা প্ৰত্যক্ষ কৰিলো। মোৰ ধাৰণা হ'ল, এজন
দৰিদ্ৰ হিন্দুৰ মৃতদেহ নদীতীৰত দাহ কৰাৰ কাৰণে লৈ গৈ আছে। মই হাজীৰক সুধিলো- মৃত
মানুহজন কোন ?
সি উত্তৰ দিলে-
যোৱা নিশাৰ নিহত ব্যক্তিজন। এই মানুহজন আছিল জড়বুদ্ধি, কিন্তু তাৰ সুৰ আছিল অতি সুমিষ্ট। বেগম
চাহেবাক প্রভাতত সংগীত শুনাব বিচাৰিছিল— এয়াই তাৰ অপৰাধ। তেওঁৰ বুকুৰ মাজত এটি মূল্যবান কঙ্কন লুকোৱা আছিল।
প্ৰহৰীসকলে ধাৰণা কৰিছিল যে, সি
নিশ্চয় কঙ্কনটো চুৰি কৰিছিল। কিন্তু তেওঁৰ মাকে ক'লে- মোৰ পুত্ৰই জীৱনত কেতিয়াও চুৰি কৰা নাই। সি মাথোন দানেই কৰিছে।
মই মোৰ হাজীৰক ফৰমান লিখিবলৈ ক'লো-
মৃত ব্যক্তিজনৰ সংগীতত মুগ্ধ হৈ ময়ে তাক সেই কঙ্কনটো উপহাৰ দিছিলো, তাৰ মাতাকেই সেই কঙ্কনৰ অধিকাৰিণী। তাৰ
পাছত আৰু এটি কঙ্কন তাইক উপহাৰ দিলো। এই গুণী ব্যক্তিজনৰ মৃত্যুই মোৰ মনৰ ওপৰত
ভীষণ অমংগলৰ গভীৰ ছাঁয়াপাত কৰিলে।
গ্রীষ্মতাপদগ্ধ
দিৱসত পৃথিৱী যেনেকৈ নিশ্বাসৰ কাৰণে কাতৰ হৈ উঠে, মই দেখিলো, সমগ্র
আগ্ৰানগৰী তেনেকৈ উত্তেজনাত চঞ্চল হৈ উঠিছে। কোনোবাই আনন্দত ভৱিষ্যতৰ আকাশ কুসুম
ৰচনা কৰিছে, কোনোবাই
আকৌ ধাৰণা কৰিছে বিপ্লৱ অৱশ্যম্ভাবী..
কাকতি ফৰিঙৰ দৰে
সঁচা-মিছা নানা প্ৰকাৰ জনশ্রুতিয়ে আগ্ৰা নগৰক বিভ্ৰান্ত কৰি তুলিলে। মই শুনিলো — ঔৰঙ্গজেৱ আৰু মুৰাদে নিজকে অপৰাজেয়
বুলি ধাৰণা কৰিছে, তেওঁলোকৰ
সৈন্যসকল উচ্ছ্বয়িনীৰ যুদ্ধজয়ৰ গৰ্বত উদ্ভাসিত। তেওঁলোকে ঘোষণা কৰিছে যে, সাম্ৰাজ্য জয়
কৰি তেওঁলোকে পাৰস্য ও তুৰস্কৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। বিশ্বাসঘাতকৰ দলৰ
বাহিৰে কাৰো মূৰ স্থিৰ নাই। ঔৰঙ্গজেৱে কৈছে যে, আমাৰ পিতাৰ সৈন্যদলত সহস্র সহস্র বিশ্বাসঘাতক সৈন্য আছে।
মই আমাৰ ভ্ৰাতা
দাৰাৰ লগত দেখা কৰাৰ কাৰণে প্ৰস্তুত হৈছিলো। এনেতে এটি পত্ৰ পালো— ৰাণা ছত্রশালৰ পত্ৰ। কেইটামান ছত্ৰৰ
দ্ৰুত লিখিত পত্ৰত তেওঁ কৈছে যে,
যদি চাহজাদা দাৰাক সৈন্যদলৰ একচ্ছত্ৰ অধ্যক্ষ নিযুক্ত কৰা নহয় তেনেহ'লে চাহজাদা দাৰাই সম্ৰাটৰ সন্মুখত
আত্মহত্যা কৰিব। মোৰ ধাৰণা হৈছে, সম্ৰাটৰ
সিদ্ধান্ত পৰিৱৰ্ত্তনৰ আশা নাই আৰু দাৰাৰ সংকল্প তেওঁ সমৰ্থনো নকৰিব। পত্ৰৰ শেষত
এক অনুৰোধত ৰাৱে জনাইছে যে, যেন
মই মোৰ হস্তাক্ষৰ সম্বলিত এটি স্মৃতিচিহ্ন তেওঁক উপহাৰ দিওঁ। তেওঁ সেই
স্মৃতিচিহ্ন আমৰণ নিজৰ অংগত কৱচ কৰি ৰাখিব। সমুদ্রত আন্দোলিত অর্ণবমালা ভূভাগ
দৰ্শনৰ পাছত যিদৰে আনন্দিত হৈ উঠে,
ময়ো তেনেকৈ তেওঁৰ শেষ কথাবোৰত এক অপূৰ্ব আনন্দৰ আভাস পালো— কিন্তু তাৰ পাছত ?
মই মোৰ প্রাসাদৰ
এটি কক্ষত বহি আছিলো। তাৰপৰা সম্রাট আকবৰ আৰু জাহাংগীৰৰ লালকিল্লা অতিক্ৰম কৰি
গৌৰবৰ্ণনী ফিৰিংগীৰ অন্তেষপুৰৰ৬৬ ভৱনৰ তোৰণ অতিক্ৰম কৰি মই পিতাৰ ওচৰত
উপস্থিত হ'লো।
এই অন্তেষপুৰৰ তোৰণ ভাৰতীয় হীৰকশিল্পী দ্বাৰা নিৰ্মিত। ইয়াৰ প্ৰতিটো বস্তু অতি
উজ্জ্বল, অতি সহজ।– মই
ফতেপুৰ চিক্ৰীৰ স্বপ্নপুৰী স্মৰণ কৰি দীর্ঘনিশ্বাস এৰিলো।
যমুনাৰ পাৰৰ এটি
ক্ষুদ্র কক্ষত আমাৰ পিতাই গাৰুত দেহ বিন্যস্ত কৰি বিশ্ৰাম লৈ আছিল। সম্ৰাটৰ
মুখমণ্ডলত যেন এক নিঃসংগ অভিব্যক্তি। সাধাৰণ মানুহে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
তেওঁৰ মুখৰ এই অভিব্যক্তি মই তেওঁৰ যৌৱন কালতো লক্ষ্য কৰিছোঁ। আমাৰ সাক্ষাৎ হোৱা
মাত্ৰেই মই তেওঁক ফতেপুৰ চিক্ৰীৰ এটি ফুল উপহাৰ দিলো। কৃতজ্ঞতাত তেওঁৰ মুখমণ্ডল
উদ্ভাসিত হৈ উঠিল। অতি সামান্য উপহাৰতো তেওঁ উল্লাস অনুভৱ কৰিছিল। মই ভাবিলো, এয়াই সম্রাট চাহজাহান নেকি? প্রজাবর্গই তেওঁক মানুহ হিচাপে ভাল পাব
পৰা নাই নেকি ?
তেওঁ মোক ক'লে- মই চাহজাদা দাৰাৰ হাতত সম্পুৰ্ণ
শাসনভাৰ অৰ্পণ কৰিছো। কাৰণ পৰিপূৰ্ণ ক্ষমতাৰ অধিকাৰী হ'লেহে দাৰাই আমাৰ সাম্ৰাজ্য ৰক্ষা কৰিব
পাৰিব আৰু আমাক ঔৰঙ্গজেৱৰ কাৰাগাৰৰপৰা উদ্ধাৰ কৰিব পাৰিব। এই আলোচনা প্ৰসংগত তেওঁৰ
শীৰ্ণ মুখমণ্ডল ৰক্তোচ্ছ্বাসত স্ফীত হৈ উঠিল। চোলেমান শুকোৰ অনুপস্থিতিয়ে সম্রাটক
আতংকিত কৰি তুলিছিল। কাৰণ ঢোলেমান শুকোৰ অধীনত সুশিক্ষিত সৈন্যদল আছিল। ৰজা
জয়সিংহৰ উপদেশত সৈন্যদলসহ আগ্ৰাত উপস্থিত নহৈ চোলেমান শুকো কিয় শুজাৰ
পশ্চাদ্ধাৱন কৰিছিল?
মই উত্তৰ
নিদিলোঁ— মাথোন চিন্তা
কৰিলো। অম্বৰাধিপতি ৰজা জয়সিংহ এজন বিশ্বস্ত সামন্ত। কিন্তু এদিন দাৰাই তেওঁক
গায়ক বুলি উপহাস কৰিছিল। জয়সিংহে চাহ শুজাক পলোৱাৰ সুযোগ কৰি দি সেই অপমানৰ
প্ৰতিশোধ নল'বনে
বাৰু ? মই পিতাৰ কৰপুটত
মোৰ ললাট স্থাপন কৰিলো। কিন্তু মোৰ ধাৰণা হ'ল যেন তেওঁৰ হাতত আপেলৰ আশ্চৰ্য গোন্ধ নাই। দুঃখ ভাৰাক্ৰান্ত হৈ মই
সেই স্থান ত্যাগ কৰিলো।
প্রাসাদৰ ওখ
ছাদৰপৰা মই বিশাল সেনাবাহিনীৰ একাংশ দেখিবলৈ পালো। সেই সেনাদলটো অতি দ্রুত সমৱেত
হৈ আছিল। অশ্বারোহীসকল অস্ত্ৰ ও পৰিচ্ছদত সুসজ্জিত।
দলৰ পাছত দল
সৈন্যবাহিনী গৈ আছে। সেই মুহূৰ্তত মই কল্পনা কৰিলো, জয় আমাৰ সুনিশ্চিত। কাইলৈ সন্ধিয়াৰ প্রাকমুহূৰ্তত চন্দ্রোদয়ৰ পাছত
মই মোৰ ৰাখীবন্ধন ভাইৰ লগত তাজমহলৰ কাষত সাক্ষাৎ কৰিবলৈ যাম। কিন্তু মই সংবাদ পালো
যে, ঔৰঙ্গজেৱ আৰু
মুৰাদৰ সন্মিলিত সেনা বাহিনী আগ্রাৰ ফালে অগ্ৰসৰ হৈ আছে। সম্ৰাটৰ নিষেধ সত্ত্বেও
চাহজাদা দাৰাই তেওঁৰ পুত্ৰ চোলেমানৰ আগমনৰ কাৰণে অপেক্ষা কৰা নাই। সৰ্বত্ৰই যুদ্ধৰ
কাৰণে প্ৰস্তুতি।
আমাৰ সাক্ষাতৰ
সময় সমাগত। মই আদেশ দিলো যেন
কেইজনমান সশস্ত্ৰ প্ৰহৰী উদ্যানৰ প্ৰৱেশ পথ ৰক্ষা কৰি থাকে।
হাজীৰ আৰু কোয়েলে প্রাসাদৰ অধিত্যকাত প্ৰহৰীৰ কাম কৰিব। এইদৰে নিৰ্দেশ দিয়াৰ
পাছত মই ধীৰপদক্ষেপত চাইপ্ৰাচ বীথিৰ মাজেৰে সল্প পৰিসৰ পৰিখাৰ পাৰেদি সমাধিৰ ফালে
অগ্ৰসৰ হ'লো। গলিত
তাম্ৰসাৰপূৰ্ণ গভীৰ কুঁৱাৰ অভ্যন্তৰত অস্তগামী সূৰ্যৰ শেষৰশ্মিয়ে আগ্রাৰ উত্তপ্ত
বতাহৰ মাজত শেষ নিশ্বাস গ্ৰহণ কৰি আছিল।এই ৰক্তিমাভাই বাৰু কোনো আসন্ন খাণ্ডৱদাহৰ
সূচনা কৰিছে নেকি? সন্ধিয়াৰ
আকাশ এক নৱবায়ু প্রবাহত চঞ্চল হৈ উঠিছে। পৃথিৱীৰ সিপ্ৰান্তত ক্ষীণ সেউজীয়া গোলাৰ্ধত
চন্দ্ৰ উদিত হৈছে। ইয়াৰ আগত চাইপ্ৰাচ বীধি কেতিয়াও ইমান গভীৰ শ্ৰেণীৱদ্ধ ভাব
ধাৰণ কৰা নাই— তাজমহল
কেতিয়াও চাইপ্লাচ বীথিৰ অন্তৰালত ইমান গভীৰ ৰূপ পৰিগ্ৰহ কৰা নাই— এয়া যেন অপ্সৰাপুৰীৰ প্রাসাদহে।
পৃথিবীৰ ক'তো
বতাহে ইমান সুমিষ্ট গোলাপ ও যুঁতি গোন্ধত ভাৰাক্ৰান্ত হৈ উঠা নাই, ক’তো বিহংগম ইমান সমধুৰ সুৰে সংগীত ৰচনা কৰা নাই। বিহংগকুল সিহঁতৰ
জীৱনৰ সংগীত বিভিন্ন বৃক্ষপাতত বিক্ষিপ্ত কৰি দিছে।
মই নিশ্চল, নিস্পন্দ। মোৰ ধাৰণা হ'ল, আমাৰ মাতাই যেন তেওঁৰ অপূৰ্ব সৌন্দৰ্য সুষমালৈ অতীততকৈও মোৰ অত্যন্ত
কাষত উপস্থিত হৈ সেউজীয়া পত্রপল্লৱৰ মাজত উদ্ভাসিত হৈ উঠিল— জোপোহানিৰ পাতৰ অন্তৰালেদি বৈ থকা
স্রোতস্বিনীৰ পানীৰ কলনাদত তেওঁৰ সুৰ প্ৰতিধ্বনিত হ'ল— তোমালোক
আটায়ে মোৰ সন্তান, এই
বিসম্বাদ কিয়? আগ্ৰাৰ
প্রাসাদৰ পশ্চাতত অতি ক্ষীণ জ্যোতিৰেখা বিকিৰণ কৰি চন্দ্ৰমা লুটি খাই পৰিছে।
বিধাতাই তোমাক তেজোময় জ্যোতিৰূপে সৃষ্টি কৰিছিল মাথোন ভাৰতবৰ্ষলৈ আহি চাঘতাই বংশৰ
ৰাজমুকুটৰ চাৰিওফালে নিষ্প্রভ হৈ যোৱাৰ কাৰণে নেকি ? তুমি যিদিনা অন্তর্হিত হৈছিলা, সিদিনা তোমাৰ পশ্চাতত আহিছিল শুভ্ৰ প্ৰস্তৰৰ পাছত প্ৰান্তৰ, স্বৰ্ণ-মণিমুক্তা, শীষমহলৰ অয়নখণ্ড— সেইবোৰ সংযুক্ত কৰি গ্রন্থিৱদ্ধ কৰি
ৰচনা কৰা হ'ল
তাজমহল। আকৌ সম্রাটে ৰঙাবৰ্ণ প্ৰস্তৰ সংযুক্ত কৰি ৰচনা কৰিলে তেওঁৰ নিজৰ সমাধি।৬৭ তুমিয়ে একমাত্ৰ
তেওঁক শক্তিৰ সন্ধান দিছিলা। তাৰ পাছত বহু নাৰী আহিছিল; সিহঁতে সম্ৰাটৰ শক্তি অপচয় কৰিছিল।৬৮
মই শুনিবলৈ পালো
বিশাল প্রাঙ্গণৰ দুৱাৰ কেতিয়াবা উন্মুক্ত, কেতিয়াবা আকৌ অৰ্গলৱন্ধ হৈছে; মোৰ পশ্চাতত শুনিবলৈ পালো মৰ্মৰ পথৰ ওপৰত মানুহৰ পদধ্বনি— সেই চঞ্চল পদক্ষেপৰ ভাষা মোৰ পৰিচিত।
মই বাস্তৱৰ মুখা-মুখি হ'লো— যেন এটি সংগীতে মোক বাস্তৱৰ সন্মুখলৈ
টানি আনিছে। আজিৰ সন্ধিয়া ছত্রশাল সম্পূর্ণ শ্বেতবস্ত্ৰ পৰিহিত; তেওঁৰ বাহুত হালধীয়া মণিবন্ধ। মোক অভিবাদন
কৰাৰ সময়ত দেখিবলৈ পালো তেওঁৰ উষ্ণীষত এটি সম্পূর্ণ মুক্তাহাৰ নিৱদ্ধ হৈ আছে—যেন মোক দেখুৱাবৰ কাৰণেই এই আয়োজন।
আমি দুয়ো
পৰিখাৰ কাষৰ সৰোবৰৰ ওচৰত উচ্চ আসনত উপৱেশন কৰিলো। আসন্ন যুদ্ধৰ বিষয়ে মনঃসংযোগ
কৰাটো আমাৰ কাৰণে অত্যন্ত কঠিন হৈ আছিল। ৰাৱে কেতিয়াও কোনো হিন্দু সৈন্যাধ্যক্ষৰ
আদেশ পালন কৰা নাই। সাম্ৰাজ্যৰ সেনাপতি হিচাপে চাহজাদা দাৰাৰ ক্ষমতাৰ বিষয়ে তেওঁৰ
ধাৰণা অত্যন্ত স্পষ্ট আছিল। তেওঁ জানিছিল, ত্ৰিছ হাজাৰ মোগল অশ্বাৰোহী শত্ৰু-সৈন্যৰ প্ৰতি প্ৰসন্ন। অথচ
সৈন্যদলত আছিল পাচক, ভৃত্য, চণ্ডাল, নৰসুন্দৰ৬৯ -সিহঁতে কেতিয়াও যুদ্ধাস্ত্ৰ স্পৰ্শ কৰি পোৱা
নাই। সিহঁত মৃত্যুবৰণত অনভ্যস্ত—
কিন্তু তথাপিও কাইলৈ প্ৰভাতত যুদ্ধযাত্ৰা অৱধাৰিত। এই সিদ্ধান্তৰ
কোনো সালসলনি নাই।
চম্বল নদী আছিল
আমাৰ গন্তব্য স্থান। ইয়াতেই বিৰোধী সৈন্যদলৰ কাৰণে যুদ্ধক্ষেত্ৰ স্থিৰ কৰা হৈছে।
নদীৰ সমস্ত সেতু সুৰক্ষিত। একমাত্ৰ ৰজা চম্পক ৰাৱৰ ৰাজ্যত অৱস্থিত সেতু সুৰক্ষিত
নহয়। কাৰণ, ৰজাই
প্ৰতিশ্ৰুতি দিছে যে, তেওঁৰ
ৰাজ্যৰ মাজেৰে শত্ৰুসৈন্য অতিক্ৰম কৰিবলৈ অনুমতি নিদিব। ছত্রশালে মৃদুকণ্ঠত কৈছিল-
অৱশ্যে যদি ৰজা চম্পক ৰাৱে তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে ।
খলিলুল্লাহ খাঁতকৈ
দ্বিতীয়জন শত্ৰু আৰু কোনো নাই। ৰাওৰ বিশ্বাস আছিল যে, খলিলুল্লাহ অত্যন্ত অপকৌশলী। এই
খলিলুল্লাহ খাঁৰ অধীনত ত্ৰিছ হাজাৰ অশ্বাৰোহী ন্যস্ত কৰা হৈছে। ৰাৱে ৰুদ্ধ
বিৰক্তিৰ সুৰত ক'লে-
যদি চাহজাদাই আজি খলিলুল্লাহৰ মিঠা কথাত ভোল নাযায়, তেনেহ'লে
ঔৰঙ্গজেৱৰ কামানৰ সন্মুখত অগ্ৰসৰ হোৱাটো কঠিন নহ'ব। তাৰ পাছত তেওঁ নিশা দ্বিতীয় প্ৰহৰৰ আগত অনুৰোধ কৰিলে- চাহজাদী, আপোনাৰ ভ্ৰাতাক পুনৰ সতৰ্ক কৰি দিয়ক।
আমি কিছু সময়
নীৰৱ চিন্তাত অতিবাহিত কৰিলো৷ তাৰ পাছত মই কৈ উঠিলো-ৰাজপুতসকলে কি কৰিব? ৰাও ৰজা,- আপোনাৰ
বিখ্যাত অশ্বাৰোহী বাহিনী, ৰজা
ৰামসিংহৰ সৈন্য, সিহঁতে
কি কৰিব? প্রথমে ৰাৱে
কোনো উত্তৰ নিদিলে।
মোৰ ৰাখীবন্ধন
ভাই বহু সময় নিস্তব্ধভাবে সন্মুখৰ ফালে দৃষ্টি নিৱদ্ধ কৰি থাকিল, তাৰ পাছত ক'লে- সৌৱা চাওঁক, তাজমহলৰ অনিৰ্বাণ প্ৰদীপ জ্বলি আছে, সেয়া প্রেমমুগ্ধ চিত্তৰ শ্ৰদ্ধাৰ্ঘ । তাৰ পাছত মোৰ
ফালে দৃষ্টি নিক্ষেপ কৰিলে। উত্তেজনাত তেওঁৰ মুখমণ্ডল ৰক্তিমাভা ধাৰণ কৰিলে। তেওঁ
ক'লে-
ৰাজকুমাৰীয়ে জানে যে আপোনাৰ পিতাৰ সন্মান ৰক্ষাৰ্থে উদয়পুৰৰ দেৱমন্দিৰত এটি
অনির্বাণ প্রদীপ জ্বলে। ৰাজস্থানৰ সৈন্যদল পৰিপূৰ্ণ আগ্রহৰ সৈতে সম্ৰাটৰ পতাকা তলত যুদ্ধক্ষেত্ৰত
অৱতীৰ্ণ হ'বহি।
আমি তাজমহলৰ
ফালে অগ্ৰসৰ হ'লো।
ৰাৱে সমাধি পৰিদৰ্শন কৰিলে আৰু মই ৰাওক নিৰীক্ষণ কৰিলো। মৃদু কণ্ঠত তেওঁ ক'লে- পুৰুষে এই পৃথিৱীখন শাসন কৰে।
পুৰুষে শক্তি সৃষ্টি কৰে, আকৌ
ধ্বংসও কৰে- নিজৰ সৃষ্টি নিজেই ধ্বংস কৰে। পুৰুষৰ শক্তিৰ ইংগিততে আমাৰ চিন্তা ও
কর্ম নিয়ন্ত্ৰিত হয়। আমি নুবুজোঁ যে এই শক্তিৰ পশ্চাতত আৰু শক্তিময়ী শক্তি আছে, সেই শক্তি
নাৰীৰ। যেতিয়া নাৰীৰ সেই শক্তি অংগ বিহীন দেৱতাৰ পদধ্বনিৰ তালৰ লগত সংগতি ৰাখি
চলে, মৰ্ত্ত তেতিয়া
স্বৰ্গলৈ ৰূপান্তৰিত হৈ যায়।
ৰাৱে চম্পাফুলৰ সৌন্দৰ্য
প্ৰত্যক্ষ কৰি আছিল। হঠাৎ
সমধুৰ পুষ্প গোন্ধৰ তীব্ৰতাত বতাহ আমোদিত হৈ উঠিল। এই গোন্ধ সমাধি মন্দিৰৰ শতদল
উদ্যানৰ পৰা আহিছে নেকি বাৰু? এক
অব্যক্ত কমনীয় ভাব ও অদম্য চিন্তাশক্তিয়ে মোক মোৰ পৰা বহু উৰ্দ্ধলৈ টানি লৈ গ'ল। প্রাসাদ প্ৰাচীৰৰ সুগভীৰ গম্বুজে তাৰ
আশ্ৰয়বিহীন প্ৰেমিকক আশ্রয় দিয়ে;
ৰাৱে তেওঁৰ হালধীয়া উষ্ণীষ মৰ্মৰৰ ওপৰত বিন্যস্ত কৰিলে। মই তেওঁৰ
লগত কথা হ'ম-
হয় এতিয়াই, নহ'লে আৰু এই জীৱনত কথা কোৱা নহ'ব। মোৰ ভয় হ'ল, মই হয়তো মোৰ সাহস হেৰুৱাই পেলাম। হঠাৎ এক আশ্চর্য ঘটনা ঘটিল! নজবৎ
খাঁ যাক মই জীৱনত কেতিয়াও চিন্তা কৰা নাই, হঠাৎ তেওঁ মোৰ কল্পনাত উদয় হ'ল— ক্রুদ্ধ
দৃষ্টি, অশুভ ইংগিত— তেওঁৰ চকুত পৰিস্ফূটিত। মই কথা কোৱাৰ
আগতেই মোৰ চিন্তা অনুসৰণ কৰি ৰাৱে অৱজ্ঞাৰ হাঁহি মাৰি ক'লে- ঔৰঙ্গজেৱৰ সেনাবাহিনীৰ ভিতৰত
সৰ্বপ্ৰথম মই নজবৎ খাঁৰ অপসাৰণ বিচাৰো।
মই মোৰ বাহুত ভৰ
দি ক্ৰোদ্ধ কণ্ঠত সুধিলো- কিয়?
ৰাও সন্মুখৰ
ফালে অগ্ৰসৰ হ'ল, নিমীলিত চকুত শুষ্ক কণ্ঠত উত্তৰ দিলে-
মই তাক ঘৃণা কৰো।
মই অবাক হৈ গ'লো।
ৰাৱে বাৰু মোৰ
বিষয়ে কিবা শুনিছে নেকি ? তাৰ
পাছত মনত পৰিল, মই
যেতিয়া ফতেপুৰত নজবৎ খাঁৰ নাম উচ্চাৰণ কৰিছিলো, ৰাও তেতিয়া চঞ্চল হৈ উঠিছিল। তেওঁ আৰু অধিক কি শুনিছিল সেয়া মই
নাজানো। মই স্থিৰ কৰিলো, আমাৰ
দুজনৰ মাজত নজবৎ খাঁৰ ছাঁৰো স্থান নহ'ব। মই মোৰ অৱগুণ্ঠন অপসাৰণ কৰিলো। তেওঁ মোৰ সম্পূৰ্ণ মুখমণ্ডল
নিৰীক্ষণ কৰক। তেওঁ জানক যে নজবৎ খাঁৰ দৰে মানুহক মই বৰণ কৰিব নোৱাৰো।
মই দৃঢ় কণ্ঠত
প্ৰশ্ন কৰিলোঁ- আপোনাৰ সেই পত্ৰৰ কথা স্মৰণ আছে নেকি? সেই পত্রখন সদায় মই মোৰ বুকুৰ মাজত লৈ
ফুৰিছোঁ। সেই পত্ৰত লিখা
আছিল— যদি মই সংযুক্তা
হ'লোহেঁতেন.....
মই এইখিনি কোৱাৰ পাছত ৰৈ গ'লো।
ছত্ৰশালৰ মুখমণ্ডল শ্বেত মৰ্মৰৰ প্ৰচ্ছদপটত কৃষ্ণ শেঁতা বৰণ ধাৰণ কৰিলে। মই আকৌ ক'লো- মনত পৰেনে সেই গোলাপ ......? কিন্তু মোৰ সমস্ত শক্তি হেৰুৱাই পেলালো। মই
প্ৰাচীৰৰ গাত অৱসন্নভাবে দেহ ভাৰ এৰি দিলো।
তেওঁ মৃদু কণ্ঠত
ক'লে- মোৰ মনত পৰে
বহু বছৰ আগত মই এটি সপোন দেখিছিলো। তেওঁ চকু উন্মীলন কৰিলে। তেওঁৰ সেই দৃষ্টি মই কেতিয়াও পাহৰিব নোৱাৰিম-
যেতিয়া ঈশ্বৰৰ জ্যোতি মানুহৰ মাজত বিকশিত হয়, তেতিয়া আৰু কোনো আকর্ষণ অৱশিষ্ট নাথাকে।
তেওঁ দৃঢ় কণ্ঠত
ক'লে- হয়, মই এবাৰ এটি সপোন দেখিছিলো— মই তেতিয়া তৰুণ আছিলো আৰু সপোন
বিশ্বাস কৰিছিলো। জাহানাৰা বেগম,
হিন্দুস্থানৰ ৰাজকুমাৰী, মোৰ গোপন ৰাজ্যৰ ৰাণী,
জাহানাৰা বেগম। আজি মোৰ সময় হৈছে, মই জানিছো যে দিৱসৰ তীব্ৰ আলোকৰ সন্মুখত সুন্দৰতম সপোনো বিলীন হৈ
যায়। সপোন মাথোন চন্দ্ৰালোকতেই ক্ষণিকৰ অতিথি। যুদ্ধই মোৰ ললাটত গভীৰ ক্ষত চিহ্ন
দি গৈছে। কিন্তু জীৱনে মোৰ হৃদয়ত গভীৰতৰ ক্ষত চিহ্ন দি গৈছে। বাস্তৱ ৰাজ্যৰপৰা সপোন যিমান দূৰলৈ আঁতৰি যায়
সিমানেই আৰু সুন্দৰতৰ হৈ প্ৰতিভাত হৈ উঠে। তাত কোনো ভয়ৰ আশংকা নাথাকে,..........
জীৱনটো মোৰ ওচৰত
প্রহেলিকা। আমি দুয়ো নীৰৱে বহি থাকিলো। মোৰ ধাৰণা হ'ল, অকস্মাৎ যেন আমাৰ মূৰৰ ওপৰৰ আকাশৰ সকলো বস্তু উৰ্দ্ধলোকলৈ আঁতৰি
গৈছে। মই অনুভৱ কৰিলো, আত্মত্যাগেই
সপ্তস্বৰ্গৰ বাট খুলি দিয়ে। মই অনুভৱ কৰিলোঁ, স্থূলদৃষ্টিত আমাৰ মাজত পার্থক্য
বৃহত্তৰ হৈ উঠিছে; কিন্তু
বাস্তৱত আমাৰ আত্মা নিকটৰ পৰা নিকটতৰ হৈ উঠিছে। মই অতি শান্তভাবে সুধিলো- আমি
তাজমহলত প্ৰৱেশ কৰিম নেকি ?
নক্ষত্ৰৰ গতি
কোনে প্ৰতিৰোধ কৰিব পাৰে? প্রাসাদৰ
প্ৰৱেশ পথত মোল্লাসকলে কোৰাণ আবৃত্তি কৰি আছিল। হাজীৰে মোল্লাসকলক মাতি ওচৰৰ লাল
মছজিদলৈ লৈ গ'ল।
সমাধি মন্দিৰত তেতিয়া প্ৰদীপ জ্বলি আছিল। সিদিনা আছিল শুক্রবাৰ।
প্রত্যেক
শুক্রবাৰৰ নিশা আমাৰ মাতাৰ সমাধি স্তম্ভৰ ওপৰত মূল্যবান মুক্তাখচিত এটুকুৰা বস্ত্ৰ
আৱৰণ দিয়া হয়। মই ৰাখীবন্ধন ভাইক ক'লো- আপুনি আপোনাৰ এটি প্রিয় শব্দ উচ্চাৰণ কৰক, যেন তাজমহলৰ প্ৰতিধ্বনিয়ে আপোনাৰ
প্ৰশ্নৰ উত্তৰ দিয়ে।
মই শুনিলোঁ— মোৰ নাম তাজৰ অভ্যন্তৰত সহস্ৰ দেৱদূতৰ
কণ্ঠত ধ্বনিত হৈ উঠিছে। তেওঁ ক'লে-
এনেকৈয়ে যেন জাহানাৰাৰ নাম পৃথিৱীৰ সিপ্ৰান্তলৈ অভ্যর্থিত হয়।
মোৰ লিখনী অধিক
অগ্ৰসৰ হ'বলৈ অপাৰগ হৈ উঠিছে।
মই বহু বিষয়ত বহু কথাই লিখিব পাৰোঁ, কিন্তু সেই গম্বুজৰ তলত আমাৰ কথা বিনিময়ৰ বিষয়ে আৰু লিখিৰপৰা
নাই.......
কোনো বিবাহ
অনুষ্ঠানে আমাৰ হৃদয়ক নিকটতৰ কৰিব নোৱাৰিলেহেঁতেন।
যদি দাৰা গৃহযুদ্ধত
জয়ী হয় আৰু ছত্রশাল জীৱিত থাকে তেনেহ'লে হিমালয়ৰ পাদদেশত সংঘটিত চম্বল নদীৰ যুদ্ধই তেওঁলোকৰ জীৱনৰ শেষ
যুদ্ধ হওঁক।
আমি চাইপ্ৰাচ বীধিৰ
মাজেৰে সেই বিৰাট তোৰণৰ ফালে প্ৰত্যাৱৰ্ত্তন কৰিছোঁ... সমাধিৰ ফালে যাত্ৰা
সূচনাৰপৰা আৰম্ভ কৰি বহু বছৰ অতিক্ৰান্ত হৈ গৈছে। মোৰ ধাৰণা হ'ল যেন আমি গহন ধৰ্মৰাজ্যৰ বহু উচ্চতৰ
স্তৰত উন্নীত হৈছোঁ। বিদায় সম্ভাষণৰ সময়ত মই সুধিলো- মই সেই পবিত্ৰ পৰ্বতত তীর্থযাত্ৰা
কৰিব পাৰিম নেকি ?
তেওঁৰ চকুত
অপূৰ্ব জ্যোতি। তেওঁ উত্তৰ দিলে- মই আপোনাৰ কাৰণে পৰ্বতৰ পাদদেশত অপেক্ষা কৰিম। জাহানাৰা, যদি
তাত নোৱাৰো তেনেহ'লে
সূর্যালোকত আপোনাৰ কাৰণে অপেক্ষা কৰিম।
এয়াই মোৰ উদ্দেশ্যে
তেওঁৰ শেষ বাণী আছিল।
*
* *
নৱম স্তৱক
অস্ত্ৰৰ বৰ্ষাধাৰাত হিন্দুস্থানৰ নৰ্ম
উদ্যানত ফুল ফুলিছিল।
তাত মানুহৰ অস্থি আছিল
শুভ্রযুধি, আৰু
তেজ আছিল কমল। (আনচাৰী)
------------------!
বায়ুমণ্ডল
শুভ্ৰ তৰোৱালৰ আঘাতত দ্বি-খণ্ডিত হৈছিল,
সেই তৰোৱাল
তৈয়াৰী হৈছিল ঘন পদ্ম-ৰাগ মণি দি। (চান্দা বৰদাই)
------------------!
হাতীৰ বিকট চিঞৰ
অশ্বৰ হ্ৰেষাৰৱ,
সৌৱা শুনা সৈনিকৰ
আৰ্তনাদ...... সৌৱা সৌৱা সৌৱা (মুকষ্কী)
* * *
পাছদিনা প্ৰভাতত
আমি শিৱিৰৰপৰা প্ৰত্যক্ষ কৰিলো এক বিৰাট সেনাবাহিনী প্ৰান্তৰ অতিক্ৰম কৰি গৈ আছে; যুৱৰাজ দাৰাৰ ৰাজহস্তী ৰাজপুত
অশ্ববাহিনীৰ মাজত পৰ্বতৰ দৰে উচ্চশিৰ। সেয়া এক অপৰূপ দৃশ্য!
বুন্দীৰাজৰ
অশ্বাৰোহীদল গৈছে— বাহিনীৰ
একেবাৰে পশ্চাতত। সৈন্যদলৰ কুমকুমৰাগ পৰিচ্ছদ দেখি ধাৰণা হ'ল যেন সিহঁতে জয়লাভ নকৰি প্ৰত্যাৱৰ্ত্তন নকৰিব। মোৰ শৰীৰত এক ধৰণৰ
বিদ্যুৎ প্ৰৱাহ খেলি গ'ল।
যিমান দুৰলৈ
দৃষ্টি যায় সিমান দূৰলৈ মই মাথোন ছত্ৰশালৰ হাতী অৱলোকন কৰিলো। মই জানিছিলো, তেওঁৰ পশ্চাতত আছিল তেওঁৰ অশ্ব “যৱদ্বীপ”। চৌহান বংশৰ
প্ৰতিষ্ঠাতা গৰ্গাৰ অশ্বৰ নামো “যৱদ্বীপ” আছিল। অশ্বৰ ললাটত এটি বৃহৎ ৰঙা বৰণৰ
ওপেল প্রস্তুৰ বিলম্বিত আছিল। ময়ে সেই প্রস্তৰখণ্ড তেওঁক মোৰ স্মৃতিচিহ্নস্বৰূপে
পঠিয়াই দিছিলো।
দামামা ধ্বনি
নিস্তব্ধ হৈ গ'ল, সংগীত দূৰত বিলীন হৈ গ'ল; শেষত উটো চকুৰ অন্তৰালত হেৰাই গ'ল। মই মোৰ পিতাৰ ওচৰত উপস্থিত হ'লো, তেওঁক
শান্ত কৰাটো খুব সহজ কাম নাছিল,
সাম্ভাৱ্য সকলো অশুভ বস্তুই তেওঁৰ দূৰদৃষ্টিত ধৰা পৰিছিল, তেওঁৰ মনৰপৰা দুঃশ্চিন্তা আঁতৰ কৰাৰ
কাৰণে মই সম্রাট বাবৰৰ পুত্ৰচতুষ্টয়—হুমায়ূন, কামৰাণ, আচকাৰি, হিন্দালৰ মাজৰ যুদ্ধৰ ইতিহাস বর্ণণা কৰিলো। কামৰাণে ঔৰঙ্গজেৱৰ দৰে
সকলোকে বিশ্বাস নিয়াইছিল যে, তেওঁ স্বয়ং দৰবেশ। তেওঁ হুমায়ূনক সিংহাসন
চ্যূত কৰিবলৈ চেষ্টা কৰিছিল, অৱশ্যে
বাবৰে হুমায়ূনকহে সিংহাসনৰ কাৰণে মনোনীত কৰিছিল। শেষলৈকে কামৰাণ এই কাৰ্যত সফল
হোৱা নাছিল।
পিতাৰ
অক্ষিকোটৰৰপৰা ইতস্ততঃ বিক্ষিপ্ত দৃষ্টিয়ে যেন কোনো বিশেষ কেন্দ্ৰৰ সন্ধান কৰি
ফুৰিছিল, অকস্মাৎ মোৰ
ফালে তেওঁ দৃষ্টি নিক্ষেপ কৰিলে। সেই দৃষ্টিয়ে মোক তীৰৰ দৰে বিদ্ধ কৰিলে, তেওঁ উত্তৰ দিলে-
সম্রাট হুমায়ুন
কামৰাণৰ চকু উৎপাটন কৰিছিল, কাৰণ
কামৰাণ চাঘতাই সন্তানৰ প্ৰাণনাশ কৰিছিল। মির্জা আচকাৰিয়ে যদিও শিশু আকবৰক অপহৰণ
কৰিছিল, তথাপি তেওঁ
সজ্জন আছিল, আকবৰৰ
প্ৰতি সুব্যৱহাৰ কৰিছিল, মির্জা
হিন্দাল সম্রাট হুমায়ুনৰ কাৰণে প্ৰাণ বিসৰ্জন দিছিল। তৈমূৰ বংশই ভাবিছে নেকি যে
সিহঁতৰ বংশ নিঃশেষ হৈ গৈছে ?
* * *
মই মোৰ অপৰাধৰ
কথা চিন্তা কৰিলো। মোৰ অপৰাধৰ শাস্তি হৈছে। সেই অপৰাধৰ কাৰণে সাম্ৰাজ্যৰ শান্তি পর্যন্ত শিখিল হৈ গৈছে।
মই লজ্জাত নীৰৱে মূৰ নত কৰিলো। ময়ে সম্ৰাটৰ ওচৰত উপস্থিত হৈ শায়েস্তা খাঁৰ
স্ত্ৰীক সাহায্য কৰিছিলো— 'আজি
আৰু সেই নাৰীৰ জীৱনৰ কোনো মায়া নাই। শায়েস্তা খাঁৰ প্ৰতিশোধ স্পৃহা......উঃ
তাৰ পাছত কে'বাদিনলৈকে প্ৰত্যক্ষ কৰিলো এটি নক্ষত্ৰ
আমাৰ মূৰৰ ওপৰেদি ভাগ্য নির্দিষ্ট পথত গতি কৰিছে আৰু প্ৰতিটো ঘটনাই সেই নক্ষত্ৰৰ
ফালে ধাৱিত হৈছে।
আমাৰ পিতাই
চাহজাদা দাৰাক চোলেমান শুকোৰ কাৰণে অপেক্ষা কৰিবলৈ কৈছিল, কিন্তু সেই তৰুণ সেনাপতি ছাহ শুজাক
অনুসৰণ কৰি দূৰলৈ আঁতৰি গৈছিল। আনফালে আমাৰ শত্ৰু ক্ৰমশঃ আমাৰ নিকটতৰ হৈ আহি আছিল।
যদি চোলেমান শুকো যথাসময়ত আহি সসৈন্যে উপস্থিত হ'লহেঁতেন, তেনেহ'লে খলিলুল্লাহ খাঁ ও তেওঁৰ অশিক্ষিত
সৈন্যৰ প্রয়োজনে নহ'লহেঁতেন।
প্ৰতিদিনে
গ্রীষ্মৰ উত্তাপ বৃদ্ধি পাইছে।
শেষত বিৰাট
সৈন্যদলে অভিযান আৰম্ভ কৰিলে। কিছুদিনৰ ভিতৰতে সংবাদবাহকে শিৱিৰৰ সংবাদ লৈ আহিল; বিভিন্ন ধৰণৰ সংবাদ আহিছিল, সঁচা-মিছা নিৰ্দ্ধাৰণ কৰাটো খুউব সহজ
নাছিল।
কিন্তু আজি মই
বহুত ঘটনাই ক'ব
পাৰো, কাৰণ মই পাছত
সেই সংবাদ জানিছিলো।
চাহাজাদা দাৰাই
চম্বল নদীৰ তীৰত শিৱিৰ স্থাপন কৰিছিল। আঁতৰৰপৰা ধাৰণা হৈছিল যেন সপোনৰ দেশত এক
বিৰাট নগৰ— অগণিত
শিৱিৰত বহু বর্ণৰঞ্জিত পতাকা, প্রবাহমান
জনস্রোত। দুদিন পাছত শত্ৰু-সৈন্য দৃষ্টিগোচৰ হ'ল। শত্ৰুৰ বিৰুদ্ধে আক্ৰমণৰ কাৰণে দাৰাৰ সেনাপতিয়ে অনুমতি প্রার্থনা
কৰিলে, কিন্তু দাৰাই
তেতিয়াও তেওঁৰ পুত্ৰ চোলেমানৰ কাৰণে অপেক্ষা কৰি আছিল। কিন্তু চোলেমান তেতিয়াও
অহা নাছিল......।
চম্বল নদীৰ ওপৰৰ
সেতু পথ সুৰক্ষিত কৰা হৈছিল। একমাত্ৰ চম্পক ৰাওৰ ৰাজ্যৰ সীমাৰ মাজত অৱস্থিত সেতু
অসুৰক্ষিত আছিল। ৰজা চম্পক ৰাৱে প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ শত্ৰু সৈন্যক সেতু অতিক্ৰম কৰিবলৈ
অনুমতি নিদিব। দাৰাৰ শিৱিৰৰপৰা কেই ক্ৰোশমান আঁতৰত এটি অসুৰক্ষিত সেতু আছিল, এই সংবাদ ঔৰঙ্গজেৱে জানিব পাৰিছিল।
লাগে লগে আৰু সংবাদ জনা গ'ল
যে, ৰজা চম্পক ৰাও
লোভী। চব্বিশ ঘণ্টাৰ ভিতৰত দ্রুত পদক্ষেপত ঔৰঙ্গজেৱে আট সহস্র অশ্বৰোহী সৈন্যলৈ
সুৰক্ষিত নদীৰ বেলেগ প্ৰান্তত উপস্থিত হ'ল।
এইবাৰ দাৰাৰ শত্ৰু
সৈন্যৰ ওপৰত আক্ৰমণৰ সুযোগ আহিল। নদী তীৰত ইতস্ততঃ বিক্ষিপ্ত ঔৰঙ্গজেৱৰ
সৈন্যবাহিনী পৰিশ্ৰান্ত, পথশ্ৰমত
ক্লান্ত হৈ আছিল। ঔৰঙ্গজেৱৰ সৈন্যবাহিনীৰ প্ৰধান অংশ তেতিয়াও তাত উপস্থিত হোৱা
নাছিল। দাৰাৰ সৈন্যাধ্যক্ষ ইব্রাহীমে ক'লে- দ্বাদশ সহস্র অশ্বাৰোহী সৈন্যলৈ আক্ৰমণ কৰা হওঁক। কিন্তু
খলিলুল্লাহ খাঁই ক'লে-
যদি দাৰাই তেওঁৰ সৈন্যদল এতিয়া প্ৰেৰণ কৰে তেনেহ'লে বিজয়ৰ গৌৰৱ হ'ব
সেনাপতিসকলৰ, সেই
বিজয় হ'ব দাৰাৰ কাৰণে
অসন্মানৰ, গতিকে
অপেক্ষা কৰা উচিত....।
মই কিন্তু
তেতিয়া বুজিৰপৰা নাছিলো, সেই
মুহূর্তেই নিঃশব্দে অপৰিৱৰ্ত্তনীয় ভাগ্য দেৱতা তাৰ নিৰ্দিষ্ট বাটলৈ গুচি গৈছিল।
তেতিয়া ৰমজান
মাহৰ৭০ আৰম্ভণী, পাছদিনা দাৰা শত্ৰুসৈন্যৰ বিৰুদ্ধে
সামুগড়ৰ ফালে যাত্ৰা কৰিলে, কিন্তু
তেতিয়া বহু বিলম্ব হৈ গৈছিল, সেই
ৰাতি ও দোকমোকালিতে শত্রু সৈন্যৰ অধিকাংশ সৈন্য ক্রমাগত আহি ঔৰঙ্গজেৱৰ শিৱিত
উপস্থিত হৈছিল। শ্বাসৰূন্ধকাৰী উষ্ণ বায়ুই চৌদিশ বিভ্ৰান্ত কৰি তুলিছিল, বিৰাট প্ৰান্তৰত পানীৰ অভাৱত সৈন্যসকল
অস্থিৰ হৈ উঠিছিল। দাৰাৰ অভিপ্ৰায় আছিল, তেওঁ দামামা নিনাদেৰে আক্ৰমণৰ আদেশ দিব, কাৰণ তেতিয়াও ঔৰঙ্গজেৱ তেওঁৰ গোলন্দাজ
বাহিনীৰ কাৰণে অপেক্ষা কৰি আছিল আৰু তেতিয়াও বহু সৈন্য পৰিশ্ৰান্ত হৈ আছিল, কিন্তু দাৰাৰ বিশ্বাসঘাতক সেনাপতিসকলে
জ্যোতিষ শাস্ত্ৰৰ আশ্ৰয় ল'লে।
সিহঁতে ক'লে- আকাশৰ
জ্যোতিষ্কমণ্ডল দাৰাৰ ভাগ্যৰ প্ৰতিকূলে, অপেক্ষা কৰাই শ্রেয়ঃ। দাৰাৰ
অপৰাজেয় সৈন্যবাহিনীৰ তুলনাত ঔৰঙ্গজেৱৰ সেনা বাহিনী আছিল সমুদ্রত গোষ্পদ
মাথোন.... পাছদিনা দাৰাই সম্ৰাটৰপৰা পত্ৰ পালে যে, তেওঁ আগ্ৰালৈ প্ৰত্যাৱৰ্ত্তন কৰি চোলেমানৰ কাৰণে অপেক্ষা কৰিব লাগিব।
দাৰাই উত্তৰ দিলে- ঔৰঙ্গজেৱ আৰু মুৰাদক সম্রাটৰ আগত তিনিদিনৰ ভিতৰত উপস্থিত কৰা হ'ব।
পাছদিনা শনিবাৰ, চাহজাদা দাৰাৰ অভিপ্ৰায়— আক্ৰমণ কৰা হওঁক। পুনৰ বিশ্বাসঘাতকসকলে
ক'লে- সময় অশুভ, কাৰণ মেঘ বৰ্ষণ মুখৰ। তাৰ পাছদিনা
দেওবাৰ— এই দিনত ঈশ্বৰে
আমাক সৃষ্টি কৰিছিল— আকৌ অপেক্ষা কৰা হওঁক। এইবাৰ তৃতীয়বাৰ; এইদৰে তিনিবাৰ।
এইবাৰ নক্ষত্ৰ
তাৰ লক্ষ্যত উপনীত.....। শনিবাৰ দিনা মাজ নিশাৰ ফালে ঔৰঙ্গজেৱে তিনিবাৰ কামান
ধ্বনি কৰিলে, উদ্দেশ্য
বিশ্বাসঘাতকসকলক জনাই দিয়া যে,
তেওঁ আক্ৰমণৰ কাৰণে প্ৰস্তুত; বিৰাট কামান শ্রেণী প্রস্তুত।
দাৰাৰ সৈন্যদল
আৰু পশুবোৰে বিশ্ৰাম লৈ আছিল। দাৰায়ো তিনিবাৰ কামান ধ্বনি কৰি প্রতুত্তৰ দিলে, কিন্তু পাছদিনা দোকমোকালিৰ আগত উভয়
সৈন্যদলৰ সাক্ষাৎ হোৱা নাছিল।
দাৰাৰ কামানৰপৰা
অবিৰাম গুলী বর্ষণ হ'বলৈ
ধৰিলে, বাৰূদৰ
ধূম্রজালত আকাশৰ মেঘবোৰ ঘন কৃষ্ণবৰণ ধাৰণ কৰিলে। কিন্তু দাৰাৰ সকলো চেষ্টা ব্যর্থ
কৰি ঔৰঙ্গজেৱ তেতিয়া আমাৰ কামানৰপৰা বহু আঁতৰত সৈন্য শিৱিৰ স্থাপন কৰি নিৰাপদে
অৱস্থান কৰি আছিল।
ঔৰঙ্গজেৱে
সামান্য কেইবাৰ্মান গুলী বৰ্ষণ কৰিলে। তাৰ পাছত আকৌ কামান ধ্বনি, অর্থাৎ বিশ্বাসঘাতকৰ প্ৰতি দ্বিতীয়বাৰ
সংকেত ধ্বনি।
খলিলুল্লাহ খাঁই
আৰু এবাৰ উপদেশ দিলে- যুৱৰাজ, শত্ৰু সৈন্যৰ বৃহৎ অংশই কামানেৰে ধ্বংস কৰা হৈছে; এতিয়া সময় হৈছে, আপুনি অগ্ৰসৰ হওঁক, আপোনাৰ বিজয় সম্পূৰ্ণ কৰক। দাৰাৰ বিশ্বস্ত
সেনাপতি ৰুন্তম খাঁই ক'লে-
শত্ৰুক আক্ৰমণ কৰিবলৈ দিয়া হওঁক। তেতিয়া যুৱৰাজৰ উপযুক্ত সৈন্যলৈ সিহঁতক
অভ্যর্থনা জনোৱা হ'ব।
আমাৰ সৈন্যবল অধিক আৰু সুযোগো আমাৰ ফালে অধিক।
খলিলুল্লাহ খাঁৰ
পৰামৰ্শ গ্ৰহণ কৰা হ'ল
আৰু ৰুস্তম খাঁক ভীৰু কাপুৰুষ বুলি নিন্দা কৰা হ'ল। বিজয়ৰ সন্মান যুৱৰাজৰ প্রাপ্য, হয় বিজয়ৰ সন্মানৰ কাৰণে
আৰু অপেক্ষা কৰা উচিত নহয়।
গোলন্দাজ বাহিনী
শৃংখলাৱদ্ধ কৰি অশ্বাৰোহী বাহিনীৰ সৈতে শত্ৰুক আক্ৰমণ কৰিবলৈ দাৰাই আদেশ দিলে। এই
আকস্মিকভাবে অগ্ৰসৰ হ'বলৈ
আদেশ দিয়াৰ ফলত অশিক্ষিত সৈন্যদল সন্ত্ৰস্ত হৈ উঠিল। লৌহকাৰ, কচাই, নৰসুন্দৰ প্রভৃতি অশিক্ষিত সৈন্যসকল পলায়নপৰ শত্ৰুসৈন্যৰ ৰচদ, স্বর্ণ, ৰৌপ্যৰ কাৰণে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিলে। শত্ৰুবধ নকৰি সিহঁতে নিজৰ
মাজতে যুদ্ধত লিপ্ত হৈ পৰস্পৰে পৰস্পৰক হত্যা কৰিবলৈ ব্যস্ত হৈ পৰিল।
দাৰাই কিন্তু
বীৰৰ দৰে সন্মুখৰ ফালে আগুৱাই গ'ল
আৰু হাতৰ ইংগিতত সৈন্যসকলক অগ্ৰসৰ হোৱাৰ কাৰণে নিৰ্দেশ কৰিলে। কামনা ধ্বনি শান্ত
হৈ গ'ল, দামামাৰ শব্দ পুনৰ আৰম্ভ হ'ল। শত্ৰুৰ ফালৰপৰা দুই এটা কামানৰ গুলী
আহি পৰিবলৈ ধৰিলে। শত্ৰু পক্ষৰ হঠাৎ কামান গর্জন আৰু গোলন্দাজ বাহিনীৰ আক্ৰমণত
দাৰাৰ সৈন্য বিপৰ্যন্ত হৈ পৰিল। তথাপি দাৰাই হাত উত্তোলন কৰি আদেশ দি যাবলৈ ধৰিলে।
ছত্রশাল আৰু
ৰুস্তম খাঁই দাৰাক ৰক্ষা কৰাৰ কাৰণে ঔৰঙ্গজেৱৰ গোলন্দাজ বাহিনীৰ মাজেৰে অগ্ৰসৰ হ'ল আৰু শত্ৰুৰ পদাতিক ও উষ্ট্ৰ বাহিনীক
পলায়ন কৰিবলৈ বাধ্য কৰালে।
ঔৰঙ্গজেৱে এই
আসন্ন বিপদৰ কথা ধাৰণা কৰিবপৰা নাছিল। তেওঁ শ্বেখ মীৰৰ অধীনত আৰু এদল সৈন্য প্ৰেৰণ কৰিলে। এই
শ্বেখ মীৰেই তেওঁক মুক্তা নিকিনি সৈন্য সংগ্ৰহৰ বাবে উপদেশ দিছিল। উভয় পক্ষৰ
সৈন্য পৰস্পৰে সন্মুখ সমৰত ব্যাপৃত হ'ল।
যুদ্ধ চলিবলৈ ধৰিলে। অস্ত্ৰৰ ঝন্ঝননি, শিঙাৰ শব্দ, তীৰ
বৰ্ষণ ক্রমাগতভাবে চলিবলৈ ধৰিলে। ৰাজকীয় গাম্ভীৰ্যতাৰ সৈতে সমস্ত শক্তি নিয়োজিত
কৰি দাৰাই হাতীৰ পিঠিত সমাসীন হৈ সৈন্যসকলক বীৰোচিত কাৰ্যৰ কাৰণে উৎসাহিত কৰিবলৈ
ধৰিলে। শত্ৰু সৈন্য প্রায় বিপর্যস্ত হৈ পৰিল।
* * *
আগ্রা চহৰত
উত্তেজনা চৰম পৰ্যায় পালে। প্রভাতৰ লগে লগেই সকলো মানুহে জানি গ'ল যে, যুদ্ধ আৰম্ভ হৈছে। দিনৰ শেষত এজন ফিৰিঙি যুদ্ধক্ষেত্ৰৰ পৰা উভতি
আহিল। তাৰ অশ্ব নিজৰ গৃহৰ কাষতে মৃত্যুমুখত পতিত হৈছিল। এইজন ফিৰিঙিয়ে দাৰাৰ ৰচদ
শিৱিৰ লুণ্ঠন কৰিছিল। সি চাৰিওফালে প্ৰচাৰ কৰিলে যে, সম্ৰাটৰ সৈন্য যুদ্ধত পৰাজিত হৈছে। এই খবৰ শুনি মোৰ ধাৰণা হ'ল, যেন পৃথিৱীৰ সমস্ত বস্তু মসীময় হৈ গৈছে। নক্ষত্ৰৰ গতি স্তব্ধ হৈ
গৈছে। কিছু সময় পাছত এজন সংবাদ বাহক দৌৰি আহি মই তলত বর্ণনা কৰা ঘটনাবোৰৰ এক
অসংলগ্ন বিৱৰণ দি গ'ল।
সামুগড়ৰ যুদ্ধৰ চৰম মূহুৰ্তত এই মানুহজনে যুদ্ধক্ষেত্ৰ ত্যাগ কৰি আহিছিল। তাৰ আশা আছিল যে, সি স্বয়ং সম্ৰাটক ছাহ বুলন্দ দাৰাৰ৭১
জয়ৰ সংবাদ দিব।
মই কিন্তু কোনো
জনশ্রুতিতেই বিশ্বাস কৰা নাছিলো। বিগত কিছুদিনৰ ভিতৰত মোৰ পিতাৰ বয়স কে’বা বছৰো বাঢ়ি গৈছে। মই মোৰ পিতাক
সান্ত্বনা বা উৎসাহ দিয়াৰ দৰে কোনো ভাষা বিচাৰি নাপালো। মই প্রাসাদ শিখৰত উঠি
দিনৰ পোহৰত সমগ্ৰ প্ৰান্তৰ নিৰীক্ষণ কৰিবলৈ ধৰিলো। তেতিয়া সূৰ্যৰ উত্তাপ খুবেই
প্ৰথৰ হৈ উঠিছিল। এক অমংগলৰ ছাঁৰ দৰে নিশাৰ শীতল বতাহে নক্ষত্ৰৰ ফালে এটি ঘন ক'লা ধূলিৰ মেঘ উৰুৱাই লৈ গৈ আছিল।
অন্ধকাৰৰ কাৰণে
মই বিশেষ একো মণিৰপৰা নাছিলো। কিন্তু সকলো শুনিবলৈ পাইছিলো। মই দলৰ পাছত দলৰ অশ্ব
পদধ্বনি ক্ৰমশঃ লীন হৈ যোৱা শুনিলো। প্রাসাদৰ ফালে কোনো ধৰণৰ শব্দ শুনিবলৈ নাপালো। কোনো মানুহ
এইফালে অহা নাই কিয় ?
নিশা গভীৰ হ'বলৈ ধৰিলে। এক প্ৰহৰ কেতিয়াবাই পাৰ হৈ
গৈছে। মই শুনিবলৈ পালো- ঝঞ্জাৰ প্ৰাক্মুহূৰ্ত্তৰ প্রভঞ্জনৰ দৰে এজন অশ্বাৰোহী
অগ্ৰসৰ হৈ আহিছে।
শব্দ ক্ৰমশঃ
নিকটতৰ হৈ অহাৰ পাছত মই উপলব্ধি কৰিব পাৰিলো যে, অশ্বখুৰাৰ শব্দ খুবেই অসংলগ্ন। এইবোৰ অশ্ব আহত হৈছিল নেকি? আলোক নাই কিয়? কিন্তু এইবাৰ ধাৰণা হ'ল, বহু অশ্বাৰোহী দুৰ্গদ্বাৰলৈ আহি ৰৈ গৈছে।
দাৰা আহিছে, কিন্তু তেওঁ তোৰণ অতিক্ৰম কৰা নাই।
পৰিশ্ৰান্ত ভাগ্যহত দাৰা দূৰ্গত প্ৰৱেশ কৰা নাই। তেওঁৰ ভয় আছিল, যদি শত্ৰুই আহি তেওঁক দুৰ্গত আৱদ্ধ কৰি ৰাখে! দুৰ্গৰ ভিতৰত পিতাৰ নাইবা
মোৰ সন্মুখত সেই অৱস্থাত প্ৰৱেশৰ সাহসো তেওঁৰ নাছিল। কিন্তু নিজৰ প্রাসাদত প্ৰৱেশৰ
পূৰ্বে তেওঁ মোৰ ওচৰলৈ এটি খবৰ পঠাইছিল।
যেতিয়া দাৰাৰ
দূত আহিছিল, তেতিয়া
মই পিতাৰ ওচৰত উপস্থিত আছিলো। চাহজাদা দাৰাই সম্ভাষণৰ লগত জনাইছিল— ভৱিষ্যত বাণী সফল হৈছে। সম্রাট যদি
সৈন্যদলৰ সন্মুখ ভাগত উপস্থিত থাকিলহেঁতেন! দাৰাৰ সেয়া কি ভীষণ আক্ষেপ- উঃ! সম্রাট
যদি এবাৰ যুদ্ধক্ষেত্ৰত উপস্থিত হ'লহেঁতেন, সৈন্যসকলে যদি বুজিলেহেঁতেন যে, সম্রাট জীৱিত তেনেহ'লে যুদ্ধৰ ফল অন্যৰূপ হ'লহেঁতেন। সম্ৰাটৰ ওচৰলৈ মই মোৰ খোজা
ভৃত্যক পঠিয়াই দিলো সান্ত্বনাৰ কাৰণে। আমি যুদ্ধৰ সম্পূৰ্ণ পৰিস্থিতি পাছতহে
জানিব পাৰিছিলোঁ। ঔৰঙ্গজেৱৰ সৈন্য যেতিয়া পলায়নপৰ তেতিয়া তেওঁৰ নিজৰো বন্দী হোৱাৰ
দৰে অৱস্থা। তেতিয়া ঔৰঙ্গজেৱে তেওঁৰ সর্বোৎকৃষ্ট অশ্বাৰোহীৰ দল দাৰাৰ অগ্ৰগতি ৰোধ
কৰাৰ কাৰণে পঠাইছিল। ঔৰঙ্গজেৱে নিজৰ হাতীটোক ভূমিৰ লগত শৃখংলাৱদ্ধ কৰি ৰাখিছিল, সেই শৃংখলাৱদ্ধ হাতীৰ ওপৰত উপবিষ্ট হৈ
তেওঁ তেওঁৰ সৈন্যদলক দেখুৱাইছিল যে,
তেওঁ মৃত্যু ভয়ত ভীত নহয় আৰু যুদ্ধ জয়ৰ কাৰণে দৃঢ়প্রতিজ্ঞ। যদি
দাৰাই পূৰ্বৰ দৰে পলায়নপৰ সৈন্যক অনুসৰণ কৰিলেহেঁতেন, ঔৰঙ্গজেৱ আৰু মুৰাদক শৃংখলাৱদ্ধ কৰি
আগ্ৰালৈ অনা সম্ভৱ হ'লহেঁতেন।
কিন্তু অসমতল ভূমিৰ ওপৰত দাৰাৰ অগ্ৰগতি ব্যাহত হ'ল। বিশ্ৰামৰ কাৰণে তেওঁ অকণমান সময় অপেক্ষা কৰিলে।
ৰক্তাক্ত ধূলি
ধূসৰিত দূত আমাৰ সন্মুখত মূৰ্ত্তিমান পৰাজয়ৰ দৰে থিয় হৈ আছিল। কিছু সময় সি তাৰ
বৰ্ণনা স্বগিত ৰাখিলে— যেন
সি দুঃসংবাদৰ কাৰণে আমাক প্ৰস্তুত হোৱাৰ কাৰণে সময় দিছে। অৱশ্যে মই তেতিয়া সকলো
পৰিস্থিতিৰ কাৰণে প্ৰস্তুত আছিলো। তাৰ পাছত আকৌ সেই বাৰ্ত্তাবাহকে ক'বলৈ ধৰিলে- যেতিয়া চাহজাদাই বিশ্রাম
লৈ আছিল, তেতিয়া চুলতান
মহম্মদৰ লগত হোৱা যুদ্ধত ৰুস্তম খাঁ নিহত হৈছে— আৰু ছত্ৰশাল ৰাও নজবৎ খাঁৰ লগত সংঘটিত যুদ্ধত গুলীৱিদ্ধ হৈ গৈছে।
বাস্তৱতে মই
পিতাৰ লগত কক্ষত বহি আছিলো আৰু দাৰাৰ বাৰ্ত্তাবাহকে তেতিয়াও আমাৰ আগত যুদ্ধৰ ঘটনা
বর্ণনা কৰি আছিল। কিন্তু তেওঁলোক যেন তেতিয়া মোৰপৰা বহুদূৰত অৱস্থান কৰিছে এনেকুৱা
উপলব্ধি হ'বলৈ
ধৰিলে। আৰু কি হ'ব? সকলোতো শেষেই হৈ গৈছে। আমিতো মৃত্যুৰ
ৰাজ্য পাৰ হৈ আহিছো।
পিতাই কেইটামান
প্রশ্ন সুধিলে। তাৰ পাছত মই শুনিলো, বাৰ্ত্তাবাহকে উত্তৰ দিছে- যদি ৰুস্তুম খাঁ আৰু ছত্ৰশালৰ মৃত্যু
সংবাদ শুনি খলিলুল্লাহ খাঁ চাহজাদা দাৰাৰ উদ্ধাৰৰ কাৰণে অগ্ৰসৰ হৈ আহিলহেঁতেন
তেনেহ'লে যুদ্ধৰ
পৰিণাম বেলেগ ধৰণৰ হ'লহেঁতেন
।
নাই নাই, আমি আটায়ে এতিয়াও মৰা নাই। প্রতিশোধৰ
কাৰণে আমি নতুনকৈ জীয়াই থাকিব লাগিব ।* *
*
মই আকৌ শুনিবলৈ
পালো— ৰাম সিঙে৭২
তেওঁৰ যোদ্ধাসকলৰ সৈতে সসম্মানে মৃত্যুবৰণ
কৰিছে। তাৰ পাছত দাৰাই আকৌ মুৰাদ বক্সৰ বিৰুদ্ধে হিন্দু সৈন্য পৰিচালনা কৰিলে।
কিন্তু তেতিয়া এক অভূতপূর্ব ঘটনা ঘটি গ'ল— দাৰাই
তেওঁৰ হাতীৰ পিঠিৰপৰা অৱতৰণ কৰিলে। ফলত ভয়ানক গোলমালৰ সৃষ্টি হ'ল, সৈন্য আৰু অধিনায়কসকলে ধাৰণা কৰিলে যে দাৰা মৃত, ফলত যুদ্ধ জয়ৰ কাৰণে অগ্ৰসৰ হোৱাৰ
পৰিৱৰ্ত্তে আমাৰ সৈন্যসকল ধুমুহাৰ মুখৰ মেঘৰ দৰে বিক্ষিপ্ত হৈ পৰিল....
উঃ। যিজনে এই
সংবাদ বহন কৰি আনিছিল, যুদ্ধক্ষেত্ৰতে
যদি তাৰ মৃত্যু হ'লহেতেন।
সি দেখি আহিছে যে, খলিলুল্লাহ
খাঁই পাঁচ হাজাৰ সৈন্যলৈ শত্ৰু শিৱিৰৰ ফালে অগ্ৰসৰ হৈছে— কিন্তু যুদ্ধ কৰাৰ কাৰণে নহয়।
ঔৰঙ্গজেৱ তেতিয়া হাতীৰ পিঠিত সমাসীন— যেন পৃথিৱীৰ মাজত সেয়াই একমাত্ৰ স্থান য'ৰ পৰা জয়লাভ সুনিশ্চিত।
মই আৰু শুনিব
নোৱাৰিলো। মই পিতাক
পৰিত্যাগ কৰি নিজৰ প্রাসাদলৈ গুচি আহিলো।
এখন নৃশংস হাতে
মোৰ হৃদপিণ্ড এনে কঠিনভাবে পেষণ কৰি আছিল যে, মই নিশ্বাস ল'ব
নোৱাৰা হ'লো। মই গৈ
যমুনাৰ কাষৰ স্তম্ভৰ ওচৰত থিয় হ'লো, এনেতে কোয়েল আহি তাত উপস্থিত হ'ল। তাই বাষ্পাৰুদ্ধ কণ্ঠত ক'লে যে, বুন্দীৰাজৰ এজন অশ্বাৰোহী সৈন্যই বেগম চাহেবাৰ লগত সাক্ষাৎ কৰাৰ
কাৰণে প্ৰাৰ্থনা কৰিছে। সি তাৰ বাৰ্তা বেলেগ কাৰো ওচৰত প্ৰকাশ নকৰিব। কোয়েলে এবাৰ
সেই অশ্বাৰোহীজনক ফতেপুৰত দেখিছিল।
মই মোৰ কক্ষৰ
সমস্ত প্ৰদীপ জ্বলাই দিবলৈ ক'লো; আনন্দৰ উচ্ছ্বাসত মোৰ হৃদয় ভৰি পৰিল।
অশ্বাৰোহী
সৈন্যজন অন্ধকাৰৰ মাজত অগ্ৰসৰ হৈছিল। তাৰ ঘন উষ্ণ নিশ্বাস মই অনুভৱ কৰিব পাৰিছিলো। তাৰ
ক্ষতস্থানৰপৰা তেজ উৎসৰিত হৈ আছিল। নতজানু হৈ সি উপৱেশন কৰিছিল। মই তাৰ ক্ষতস্থান
পৰিস্কাৰ কৰি দিছিলো, যেন
সি মোৰ প্ৰিয় বন্ধু। তাৰ পাছত মই তাৰ হাতত এটি শুভ্ৰ মুক্তাহাৰ দেখিছিলো। মুক্তা
হাড়ডাল স্বল্প ৰক্তাভ আছিল। বহু সময় পাছত সি কথা কৈছিল। কিদৰে মই সেই শব্দবোৰ উচ্চাৰণ
কৰিম? সি যেন মূৰ্চ্ছাবেগত অসংলগ্নভাবে কথা কৈ আছিল। কিন্তু
মই সেই শব্দবোৰৰ সাৰাংশ লিখিছোঃ-
যেতিয়া দাৰাৰ
সহস্ৰ সহস্ৰ ভয়ার্ত সৈন্য শত্ৰুৰ অগ্নিবৰ্ষণৰ সন্মুখত পলায়নমান তেতিয়া
বুন্দীৰাজে তেওঁৰ উৎকৃষ্ট সৈন্যদল লৈ নজবৎ খাঁৰ অশ্বাৰোহী দলক আক্ৰমণ কৰি মুৰাদৰ সন্মুখত
উপস্থিত হৈছিল। তাৰ পাছত তেওঁ নিজৰ অনুচৰসকলৰ ফালে ঘূৰি উচ্চস্বৰত কৈছিল- পলাতক
জীৱন অভিশপ্ত। ক্ষত্ৰিয় ধৰ্মাশাসনুসাৰে আমি যুদ্ধ ক্ষেত্ৰত শৃংখলিত। আমি জয়লাভৰ
বাহিৰে যুদ্ধক্ষেত্ৰ ত্যাগ কৰিব নোৱাৰোঁ। এইদৰে তেওঁ তেওঁৰ সৈন্যসকলক উৎসাহিত কৰি মৃত্যুক উপেক্ষা
কৰি অগ্ৰসৰ হৈছিল। কামানৰ গুলীয়ে তেওঁৰ হাতীক আহত কৰিলে, হাতী পলায়ন কৰিবলৈ ধৰিলে। ছত্রশাল হাতীৰ পিঠিৰপৰা অৱতৰণ কৰি অশ্বৰ
কাৰণে আহ্বান কৰি কৈছিল- “মোৰ
হাতী শত্ৰুৰ পিছফালে। কিন্তু হাতীৰ অধীশ্বৰ কেতিয়াও পশ্চাদপদ নহ'ব। তেওঁ সৈন্যদলৰ ব্যুহভেদ কৰি মুৰাদক লক্ষ্য কৰি বৰ্শা উত্তোলন
কৰিছিল। তেতিয়া এটি গুলী আহি তেওঁৰ কপালত বিদ্ধ হৈছিল।
মই নীৰৱে বহি
আছিলো। নীৰৱ, নিষ্পন্দ।
তাৰ মুখৰ উৎচাৰিত এটা শব্দও হেৰুৱাবলৈ মই প্ৰস্তুত নাছিলো। মোৰ ভয় হ'ল, যদি তেজক্ষৰণৰ ফলত এই মানুহজনৰ কথা বন্ধ হৈ যায়! তেনেহ'লেতো আৰু ছত্রশালৰ কাহিনী শুনিবলৈ
নাপাম। তাৰ শীর্ণ মুখমণ্ডলৰপৰা তেতিয়াও চকুৰ দীপ্তি নিষ্প্রভ হোৱা নাছিল। মই
শুনিলো, বুন্দীৰাজৰ
কনিষ্ঠ পুত্ৰই পিতাকৰ মৃত্যুৰ পাছত শত্ৰুক ভীষণভাবে আক্ৰমণ কৰি মৃত্যুবৰণ কৰিছে।
এইদৰে উজ্জয়িনী ও ঢোলপুৰৰ দ্বাদশ ৰাজকুমাৰ সম্ৰাটৰ কাৰণে প্ৰাণ বিসর্জন দিছিল....
এইবাৰ ঔৰঙ্গজেৱে
চাহজাদা দাৰাৰ পৰিত্যক্ত কুমকুম্ বৰণৰ শিৱিৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। কুমকুম ৰাও— কুমকুম কুমকুম–তেজ, তেজ, তেজ-*
* *
সেই মানুহজনে
মুক্তাহাৰডাল বাহিৰ কৰি তাৰ উষ্ণীষৰ আঁচলেৰে তেজকণা মচি ল'লে। তাৰ পাছত ক'লে- বন্দুকৰ পশ্চাদভাগেৰে কোনে যেন মোক
আঘাত কৰিলে। মই মৃত মানুহৰ দৰে সমৰক্ষেত্ৰত পৰি আছিলো। শত্রুসৈন্য গুচি যোৱাৰ
পাছত মই মোৰ প্ৰভুৰ ফালে অগ্ৰসৰ হ'লো।
তেতিয়াও সিহঁতে
মোৰ প্ৰভুক দেখা নাছিল, তেওঁৰ
পবিত্ৰ দেহ ঢোলপুৰ নদীৰ তীৰলৈ দাহ কৰিবলৈ লৈ যোৱাৰ আগতে মই তেওঁৰ গলৰ মুক্তাহাৰডাল
প্রত্যক্ষ কৰি ভাবিলো– সম্রাটনন্দিনীয়ে তেওঁৰ পিতাকৰ সৰ্বশ্ৰেষ্ঠ ও
বিশ্বাসী সামন্তৰ স্মৃতিচিহ্নস্বৰূপে বোধহয় হাৰডাল গ্ৰহণ কৰিব।
মই মোৰ উভয় হাত
প্ৰসাৰিত কৰি সেই পবিত্ৰ অৰ্ঘ্য গ্ৰহণ কৰিলো। মোৰ অৱগুণ্ঠনৰ অন্তৰালত সেই দান মোৰ
বুকুৰ মাজত লুকুৱাই ৰাখিলো। তাৰ পাছত মই সুধিলো- কাৰ আঘাতত তোমাৰ প্ৰভুৰ মৃত্যু
হৈছে ? সি কেউফালে
দৃষ্টি বুলাই বেলেগ কোনো মানুহ সেই কক্ষত উপস্থিত আছে নে নাই চাই ল'লে তাৰ পাছত মৃদু কণ্ঠত ক'লে- সম্ভৱতঃ সুনিশ্চিতভাবে ইয়াৰ উত্তৰ
দিয়া সম্ভৱ নহ'ব।
বহুতৰ ধাৰণা মুৰাদৰ গুলীত তেওঁৰ মৃত্যু হৈছে। কিন্তু নজবৎ খাঁৰ গুলী মোৰ কাষেৰে
গুলী পাৰ হৈ গৈছিল। সেয়ে মোৰ বিশ্বাস নজবৎ খাঁৰ গুলীত তেওঁৰ মৃত্যু হৈছে।
তাৰ পাছত সি মোৰ
নিচেই ওচৰলৈ আহি ক'লে-
বাদচাহ বেগম, বোধহয়
কাইলৈ আৰু মই এই পৃথিৱীত জীয়াই নাথাকিম। আপোনাক মই এষাৰ গোপন কথা কৈ যাম।
যেতিয়া মই ঔৰঙ্গজেৱৰ পক্ষত যুদ্ধ কৰিছিলো, প্ৰভুই এদিন মোক এটি সংবাদ দিবলৈ ঔৰঙ্গজেৱৰ শিৱিৰলৈ প্ৰেৰণ কৰিছিল।
তেতিয়া প্ৰহৰীয়ে মোক অপেক্ষা কৰিবলৈ কৈছিল। মই কক্ষৰ ভিতৰত প্ৰৱেশ কৰি দেখিছিলো, ঔৰঙ্গজেৱ আৰু নজবৎ খাঁই আলোচনা কৰিছে।
মই নজবৎ খাঁৰ কথাৰ
অৰ্থ বুজিব পৰা নাছিলো। নজবৎ খাঁই কৈছিল- 'বাদচাহৰ অভিপ্ৰায় নহয় যে, তেওঁৰ কন্যা জাহানাৰাক তেওঁ বলখৰ ৰাজবংশৰ লগত বিয়া দিব, কিন্তু তেওঁ বুন্দীৰাজৰ পৌত্তলিক
মন্দিৰৰ পূজাৰিণী হ'বলৈ
স্বীকৃত হ'ব
জানো? ঔৰঙ্গজেৱে উত্তৰ
দিলে- এই কাম কৰিবলৈ হ'লে
ধৰ্মদ্ৰোহীক দিল্লীৰ সিংহাসনত আৰোহণ কৰিব লাগিব। অৱশ্যে বাদচাহই এই অনাচাৰ নিবাৰণ
কৰিব।' মই মোৰ প্ৰভুক
এই আলোচনাৰ বিষয়ে কৈছিলো। মই ইয়াৰ পাছৰ পৰা লক্ষ্য কৰিছিলো যে, নজবৎ খাঁৰ লগত মহাৰাজৰ সাক্ষাৎ হোৱাৰ
সময়ত পৰস্পৰে সাদৰ-সম্ভাষণ বিনিময় কৰা নাই।
আজি নতুন কৰি
ছত্ৰশালক মোৰ অত্যন্ত আপোন বুলি ধাৰণা হ'ল। অনুভৱ কৰিব পাৰিলো, ৰাণা ছত্রশালে মোক কেতিয়াও ত্যাগ
নকৰিব, কৰিব নোৱাৰিব।
মই সেই আহত সৈনিকজনক
সিদিনা দুৰ্গত অৱস্থান কৰাৰ কাৰণে অনুৰোধ জনালো আৰু তাক প্রতিশ্রুতি দিলো যে, তাৰ ক্ষতস্থানৰ সুচিকিৎসা কৰা হ'ব। প্ৰভুভক্ত সৈনিকে উত্তৰ দিলে- এইবাৰ
মই মোৰ প্ৰভুক অনুসৰণ কৰিম। তাৰ পাছত সি প্ৰত্যাবৰ্ত্তন কৰিলে— অধৰত তাৰ আশীৰ্বাদৰ সস্মিত হাঁহিৰ
ৰেখা। প্ৰত্যাৱৰ্ত্তনৰ সময়ত আকাশৰ ফালে দৃষ্টি নিক্ষেপ কৰি সি আবেগ জড়িত কণ্ঠত
কৈ উঠিল- বেগম চাহেবা, মই
আজি ভৱিষ্যত বাণী কৰি গৈছোঁ, এয়াই
শেষ বাৰ, আৰু কেতিয়াও
ৰাজস্থানৰ সন্তানে মোগলৰ পতাকা তলত যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ নহ'ব।
সেই সৈনিকজন
অন্তৰ্দ্ধান হোৱাৰ লগ লেগে কোয়েল আহি মোক সংবাদ দিলে- খলিলুল্লাহ খাঁৰ পত্নী
দ্বাৰদেশত পাল্কীত অপেক্ষা কৰি আছে।
ভগবান জানে, এই নাৰীৰ শাস্তি কোনে দিব? এই নাৰীৰ উপস্থিতিয়ে মোগল সম্রাট ও
সাম্ৰাজ্যৰ কি ভীষণ সর্বনাশ কৰিছে। তথাপি মই তাইক সাদৰ সম্ভাষণ জনালো। তাই বহু
সময় বিলাপ কৰিলে। তাইৰ স্বামী সোনকালেই বিজেতা ঔৰঙ্গজেৱৰ শিবিৰৰপৰা
প্ৰত্যাবৰ্ত্তন কৰিব। কিন্তু সি সম্রাট আৰু সম্রাট দুহিতাৰ দৰেই শোক অনুভৱ কৰিছে, তাৰ পাছত মৃদু কণ্ঠত ক'লে- বোধহয় খলিলুল্লাহ খাঁৰ পৰামৰ্শ
মতেই দাৰাই হাতীৰ পিঠিৰপৰা অৱতৰণ কৰিছিল আৰু সেই কাৰণেই সৈন্যদলৰ মাজত বিভ্ৰান্তি
সৃষ্টি হৈছিল। খলিলুল্লাহ খাঁই কৈছিল- ঔৰঙ্গজেৱক নজবৎ খাঁৰ সৈন্যৰ সৈতে বন্দী কৰা
সহজ হ'ব— এই ধাৰণা দিয়ে তাইৰ স্বামীয়ে চাহজাদা
দাৰাক প্ৰতাৰিত কৰিছিল। দাৰাই তাৰ পৰামৰ্শ অনুসৰি কাৰ্য কৰাৰ পূৰ্বেই খলিলুল্লাহ খাঁই শত্ৰুৰ শিৱিৰত
যোগদান কৰিছিল।
মই অকলে যমুনাৰ
কাষৰ বাৰাণ্ডালৈ আহিলো। মই এটা স্তম্ভৰ গাত ভৰ দি থিয় হ'লো। ধাৰণা হ'ল, হয়তো এই স্তম্ভই মোৰ জীৱনৰ শেষ অৱলম্বন। তেতিয়া এখন অদৃশ্য কঠিন হাতে মোৰ হৃদপিণ্ড
পিষ্ট কৰি আছিল— অৱশ্যে
মই তাত অলপ নিশ্বাস ল'ব
পাৰিছিলো।
দুঃখত, ঘৃণাত প্রতিশোধৰ স্পৃহাত মোৰ তেজ
ঘণীভূত হৈ গৈ আছিল। মোৰ ব্যথাৰ যন্ত্ৰণা অসহ্য ধাৰণা হ'ল, তাৰ পাছত মই এক ইন্দ্ৰিয়াতীত অভিজ্ঞতা অৰ্জন কৰিলো। মোৰ স্থূলদেহ
যেন সূক্ষ্ম দেহত পৰিণত হ'ল, মই অনুভৱ কৰিলো যেন মই পঞ্চভূতৰ লগত
বিলীন হৈ গৈছো। মোৰ দেহ যেন পানী, অগ্নিত
পৰিণত হ'ল, মই যেন তেজ-মঙহৰ শৰীৰৰপৰা বিমুক্ত হৈ গ'লো। মোৰ ভৰিৰ তলেদি নদীৰ জলধাৰা বৈ
গৈছে। যমুনাৰ কলতান অতি শান্ত, মৃদুগতিত
মোৰ কাণত প্ৰবেশ কৰিছে— মোৰ শিৰাই শিৰাই প্ৰৱেশ কৰিছে সেই কলতান। ক্রমশঃ
সেই কলতান এক অপূর্ব সংগীতত পৰিণত হ'ল, যিদৰে
মই দিল্লীৰ নহবৎখানাত শুনিছিলো- এজন মাত্ৰ মানুহৰ বাক্য ধ্বনি আৰু বহু মানুহৰ
ক্ৰন্দন। যমুনাই মোক উটুৱাই লৈ গৈ আছে দূৰলৈ— বহু দূৰলৈ, এই
জীৱন নদীৰ তীৰৰপৰা আৰু দূৰলৈ। যমুনাৰ জলধাৰাই পৃথিৱীৰ সমস্ত পাপ ও লজ্জা নিৰ্মূল
কৰি দিছে। মোৰ
অন্তৰ্দৃষ্টিত মই প্রত্যক্ষ কৰিলো,
সমগ্র জগত আলোকময়। মই আৰু ইহজগতত নাই, মই আজি বহু দূৰত বহি আছো; মোৰ স্বয়ম্বৰ সভা বহিছে।
মই মোৰ জীৱন
কাহিনী নিজকে ক'ব
খুজিছিলো। সেই কাহিনী শেষ হৈ গৈছে। কিন্তু মোৰ বেদনাতো এতিয়াও নিঃশেষ হৈ যোৱা নাই।
মোক যেন কোনোবাই
বাধ্য কৰি লেখাইছে। মই যেন মোৰ নিজৰ বাহিৰেও বেলেগ কাৰোবাৰ আগত এই কাহিনী কৈ গৈছোঁ।
বিস্মৃতিক
উপসর্গ কৰিয়ে মই মোৰ কাহিনী লিখি যাম। সেই বিস্মৃতিয়েই মোৰ স্মৃতিৰ বাহন হৈ
থাকিব। সামুগড়ৰ যুদ্ধৰ পাছদিনা নিশা কোয়েলে মোক বাৰাণ্ডাৰ এটা স্তম্ভৰ কাষত বাহু
নিবন্ধভাবে গভীৰ নিদ্ৰাত মগ্ন অৱস্থাত দেখা পাইছিল। তাই মোক জাগ্রত নকৰি মোৰ কেউফালে এটি আৱৰণ টানি
দিছিল। প্রভাতত মোৰ নিদ্রাভংগৰ পাছত অনুভৱ কৰিলোঁ যেন মোৰ সমস্ত শৰীৰ ৰূপান্তৰিত হৈ গৈছে। নিশা তৃতীয়
প্ৰহৰত মই এক অপূৰ্ব অনুভূতি অনুভৱ
কৰিছিলোঁ। সেই অনুভূতিয়ে মোক আজিও সকলো দুঃখ সহ্য কৰিবলৈ শক্তি দিছে।
আজি মোৰ ধাৰণা
হৈছে যেন ভাৰতৰ চাঘতাই বংশ প্ৰেতৰ সমষ্টি মাথোন— সিহঁতে পৃথিৱীলৈ আহিছে হিংসা বিয়পোৱাৰ উদ্দেশ্যে। সেই ফকিৰেইতো
কৈছিল যে, ঔৰঙ্গজেৱ
তৈমুৰ বংশ ধ্বংস কৰিবলৈ নিৰ্দ্ধাৰিত হৈছে আৰু যুদ্ধৰ পাছত সেই ভৱিষ্যত বাণী সফল
হৈছে।
দাৰাৰ সৈন্য
পলায়ন কৰিছে। খলিলুল্লাহ খাঁই মানুহ ও পশুৰ মৃতদেহৰ ওপৰেদি পথ অতিক্ৰম কৰি
ঔৰঙ্গজেৱৰ শিৱিৰৰ ফালে গ'ল।
বিজয় ঘোষণা কৰি দামামা ধ্বনি দ্বাৰা খলিলুল্লাহ খাঁক অভ্যর্থনা জনোৱা হ'ল। খলিলুল্লাহ খাঁ আৰু মুৰাদৰ
যৌথবাহিনীয়ে ঔৰঙ্গজেৱক অভিবাদন জনালে। ঔৰঙ্গজেৱে মুৰাদক অভ্যর্থনা জনালে যেন
মুৰাদ ভাৰতৰ অধীশ্বৰ। তাৰ পাছত দুই ৰাজভ্ৰাতা দাৰা শুকোৰ পৰিত্যক্ত শিৱিৰত উপস্থিত
হ'ল। ঔৰঙ্গজেৱে
ৰাজকীয় বশ্যতা স্বীকাৰৰ সমস্ত আনুষংগিক প্ৰথা অনুসৰি মুৰাদক অভ্যর্থনা জনালে আৰু
ক'লে- আজি তোমাৰ
ৰাজত্বৰ প্ৰথম দিন। মুৰাদে এইবাৰ সকলো বিশ্বাস কৰিলে। ঔৰঙ্গজেৱে কোৰাণ স্পৰ্শ কৰি
শপত খাইছিল যে, তেওঁ
মুৰাদক সিংহাসনত বহুৱাব। কিন্তু প্রত্যেক বুদ্ধিমান ব্যক্তিয়ে জানিছিল যে, যথা সময়ত ঔৰঙ্গজেৱে দৰবেশৰ আলখাল্লা
পৰিত্যাগ কৰি সম্ৰাটৰ পৰিচ্ছদ গ্রহণ কৰিব। ঔৰঙ্গজেৱে তেওঁৰ উদ্দেশ্য সাধনৰ কাৰণে
দিনে-নিশা পৰিশ্ৰম কৰিছে। এই ক্ষেত্ৰত ঔৰঙ্গজেৱে শায়েস্তা খাঁৰ পৰাও যথেষ্ট
সাহায্য পাইছিল। শায়েস্তা খাঁই সম্রাটক যথেষ্ট ঘৃণা কৰিছিল, অথচ তেৱেঁ আছিল সম্ৰাটৰ সৰ্বশ্রেষ্ঠ
আমীৰ। ঔৰঙ্গজেৱ আৰু শায়েস্তা খাই প্রতিনিধি আৰু শাসনকৰ্ত্তাসকলৰ কাৰোবাক ভয়
দেখুৱাই, কাৰোবাক আকৌ
পুৰস্কাৰৰ লোভ দেখুৱাই দাৰাক অনুসৰণ কৰাৰ কাৰণে আদেশ দিছিল। দাৰাই
যুদ্ধক্ষেত্ৰৰপৰা দিল্লীৰ বাটত পলায়ন কৰিছিল। চোলেমান শুকোৰ সৈন্যাধক্ষসকলক পত্র প্ৰেৰণ
কৰা হৈছিল, যেন
সিহঁতে চোলেমান শুকোক ঔৰঙ্গজেৱৰ হাতত সমৰ্পণ কৰে।
যুদ্ধৰ কিছুদিন
পাছত সম্ৰাটৰ বিশ্বাসঘাতক সৈন্যসকল আগ্ৰাৰপৰা অনতিদূৰত এখন বিখ্যাত উদ্যানত মিলিত
হৈছিল। সেই স্থানৰপৰা ঔৰঙ্গজেৱে সম্ৰাটৰ ওচৰলৈ দূত প্ৰেৰণ কৰিছিল। ঔৰঙ্গজেৱে
অভিনয় কৰি লেখিছিল- মই আপোনাৰ বশংবদ পুত্ৰ। মোৰ একমাত্ৰ উদ্দেশ্য দাৰা শুকোৰ
যড়যন্ত্ৰৰ পৰা আপোনাক ৰক্ষা কৰা। সম্রাটেও একে সুৰতে উত্তৰ দিছিল, তেওঁৰ উদ্দেশ্য আছিল ঔৰঙ্গজেৱক
প্ৰতাৰণা কৰা। কিন্তু আমি যি সাংঘাতিক পৰিস্থিতিত উপনীত হৈছো, সেই স্থানৰপৰা উদ্ধাৰ পোৱা সম্ভৱ জানো? মিঠা কথাত ঔৰঙ্গজেৱে সকলো সেনানায়ক
আৰু আমীৰসকলক নিজৰ দলভূক্ত কৰিছিল। সাধাৰণ প্রজাবর্গই নেতা অবিহনে আমাক কিদৰে
সাহায্য কৰিব? আমি
মাথোন চিন্তাই কৰিলো, মাথোন
চিন্তা; কেতিয়াও......
তাৰ পাছত আমাৰ
পিতাই ঔৰঙ্গজেৱৰ লগত সাক্ষাৎ কৰাৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিলে। কাৰণ ঔৰঙ্গজেৱৰ চিঠিত
লেখা আছিল যে, তেওঁ সম্ৰাটৰ লগত সাক্ষাৎ কৰি বাক্যালাপ কৰিব
বিচাৰে। সম্ৰাটৰ কি উদ্দেশ্য আছিল সেয়া কোনেও নাজানিছিল। কিন্তু
ঔৰঙ্গজেৱে জানিছিল। তেওঁ জানিছিল যে, সম্রাটে নিজৰ দেহৰক্ষাৰ কাৰণে তাতাৰ নাৰীবাহিনী নিযুক্ত কৰিছে। বোধহয়
সেই বাহিনীক হস্তগত কৰাই ঔৰঙ্গজেৱৰ উদ্দেশ্য আছিল। ফলত ঔৰঙ্গজেৱে পিতাৰ লগত
সাক্ষাৎ কৰিবলৈ অহা নাছিল। কিন্তু প্ৰতিদিনেই তেওঁ ৰটনা কৰিছিল যে, তেওঁ আহিব। কিন্তু প্রতিদিনেই তেওঁ
সম্পূৰ্ণ বেলেগ কামৰ কাৰণে প্ৰস্তুত হৈছিল। তাৰ পাছত ঔৰঙ্গজেৱে হঠাৎ এদিন তেওঁৰ
সমগ্ৰ সৈন্যবাহিনীলৈ তাজমহলৰ সিপ্ৰান্তত শিৱিৰ স্থাপন কৰিলে। নগৰৰ সমস্ত
বিশ্বাসঘাতকৰ দল আমিন খাঁৰ পৰিচালনাত ঔৰঙ্গজেৱক সাদৰ সম্ভাষণ জনোৱাৰ কাৰণে তালৈ গৈ
উপস্থিত হ'ল- মুখত সুমিষ্ট
অভিনন্দন, হাতত
মূল্যবান উপটৌকন।
এজন মাথোন বিশ্বাসী
আমীৰ লগতল আমাৰ পিতাই সমগ্ৰ দুৰ্গ পৰীক্ষা কৰি কামানত অগ্নি সংযোগৰ কাৰণে আদেশ
দিলে, কাৰণ ঔৰঙ্গজেৱৰ
সৈন্য নগৰ অভিমুখে অগ্ৰসৰ হৈছিল। ইয়াৰ মাজতে ঔৰঙ্গজেৱে সমগ্ৰ নগৰ অধিকাৰ কৰি দাৰা
শুকোৰ প্রাসাদত প্ৰৱেশ কৰিলে। দাৰাৰ সকলো গোলন্দাজ বাহিনীক উৎকোচ দি ঔৰঙ্গজেৱে
বশীভূত কৰিলে; তাৰ
পাছত তীৰৰ ফলকত এখন পত্র সংযুক্ত কৰি প্রাসাদৰ অভ্যন্তৰত নিক্ষেপ কৰিলে ...। তাৰ পাছত সৈন্যৰ
পাছত সৈন্য ৰচীৰ সাহায্যত প্ৰাচীৰৰ গা বগাই দুৰ্গৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ
দুৰ্গ ঔৰঙ্গজেৱৰ বশ্যতা স্বীকাৰ কৰিলে। আমি দুৰ্গৰ ভিতৰত বিচ্ছিন্ন হৈ পৰিলো।
ঔৰঙ্গজেৱৰ পুত্ৰ চুলতান মহম্মদৰ বিনানুমতিত কোনো খাদ্যদ্রব্যই আমাৰ ওচৰত পৌঁছিবলৈ
দিয়া হোৱা নাছিল।ফলত ক্ষুধা-তৃষ্ণা পীড়িত প্ৰহৰীসকলে আমাৰ প্ৰতি কৰ্ত্তব্য
সম্পাদন কৰিবলৈ অক্ষম হৈ পৰিল।অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। সমগ্ৰ দুৰ্গৰ চাবি চুলতান মহম্মদৰ
হাতত আছিল; মই
আজিও সেই বিৰাট চাবিৰ গোছালৈ খোজা ভৃত্যসকলক দিল্লী তোৰণৰ ফালে যোৱা প্রত্যক্ষ
কৰিছোঁ; মই এতিয়াও
শুনিবলৈ পাইছো, ডাঙৰ
ডাঙৰ চাৰিৰ গোছা পৰস্পৰৰ আঘাতত ঝান্ ঝন্ শব্দ কৰিছে। সেই শব্দৰপৰা বহু নিলগত ঘণ্টাধ্বনি কৰি বিচাৰৰ
কাৰণে মানুহক আহ্বান কৰা হৈছিল...।
পুনৰ আমাৰ পিতাই
ঔৰঙ্গজেৱক সাক্ষাৎ কৰাৰ কাৰণে আহ্বান জনালে। ঔৰঙ্গজেৱে সম্রাটক অন্তেষপুৰত আৱদ্ধ
কৰি সেই পত্ৰৰ উত্তৰ দিলে। পিতাৰ কাৰাগাৰ পৰিত্যাগ কৰি ঔৰঙ্গজেৱৰ অন্তেষপুৰত প্ৰৱেশৰ
কাৰণে অনুমতি দি ৰোশন-আৰা আৰু মোক ঔৰঙ্গজেৱে পত্ৰ প্ৰেৰণ কৰিলে। মই উত্তৰত লেখিলো-
মই সম্ৰাটৰ পদতলত প্ৰাণ বিসর্জন দিম, তথাপি সম্ৰাটৰ ৰাজ্যৰ দুষ্টগ্ৰহ প্ৰতাৰকৰ গৌৰৱৰ অংশভাগিনী নহ'ম। কিন্তু মোৰ ভগ্নীয়ে সাড়ম্বৰে
ঔৰঙ্গজেৱৰ অন্তেষপুৰত প্ৰৱেশ কৰিলে। আজি ৰোশন-আৰাৰ বিজয়ৰ দিন। আজি মোৰ মনত পৰিছে
যে, এদিন শায়েস্তা
খাঁ আৰু আমিন খাঁক মুক্ত কৰাৰ কাৰণে ৰোশন-আৰাই দাৰা শুকোক অনুৰোধ কৰিছিল।
ঔৰঙ্গজেৱৰ
শক্তিৰ মাত্ৰা অপৰিসীম হোৱা সত্ত্বেও তেওঁ তেওঁৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰিবলৈ চেষ্টা
কৰিছিল। ৰাজ্যৰ অভিজাতবৰ্গৰ আনুগত্য লাভৰ উদ্দেশ্যে তেওঁ অমাত্যসকলৰ জৰিয়তে
সম্ৰাটৰ দ্বাৰা লিখিত বুলি ঘোষণা কৰি জাল পত্র ৰাজদৰবাৰত পাঠ কৰিবলৈ ধৰিলে। এই
প্ৰতাৰণা খুবেই সফল হৈছিল। তেওঁৰ সমস্ত কামৰ মাজত এটি মূল উদ্দেশ্যে আছিল।...তেওঁ সকলোকে
কৈছিল- তেওঁৰ লক্ষ্য পৰাধীন সম্রাটক ধর্মদ্রোহী দাৰাৰ কৱলৰপৰা মুক্ত কৰা।
এদিন যিবোৰে
মানুহক ভীত ও আশ্চৰ্য কৰি তুলিছিল,
আজি সেয়াই অদৃষ্টৰ বিধান বুলি ধাৰণা হয়। মই নাজানিছিলো নেকি যে, ঔৰঙ্গজেৱে বাঘৰ দৰেই তেওঁৰ চিকাৰৰ
কাৰণে সদায় প্রস্তুত? আজি বাঘে তাৰ চিকাৰ আয়ত্বৰ মাজত পাইছে।
ভাগ্যতাৰকা তেওঁৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈ স্তব্ধ হৈ আছে। যি এদিন আছিল, আজি
সেয়া নাই। ধ্বংসস্তূপৰ
মাজতহে আজি শান্তি বিৰাজমান। যীশুখ্ৰীষ্টই কৈছিল- ৰজাৰ মূৰৰ
মুকুট খহি পৰিছে, আমি
হতভাগ্য যে, আমি
এনেকুৱা পাপ কৰিছো, প্রভু। আমাক তোমাৰ ওচৰলৈ
লৈ যোৱা, প্ৰভু, তোমাৰ ওচৰত পুনৰ প্ৰত্যাৱৰ্ত্তন কৰিবলৈ
দিয়া, আমাৰ দিনবোৰ
নবীন কৰি দিয়া যেন পুনৰ আমি অতীতৰ দৰে নিষ্পাপ হ'ব পাৰো।
আমি পুনৰ পূৰ্বৰ
দৰে নিষ্পাপ হ'ব
পাৰিম নেকি? মোৰ
সত্ত্বা বহুদূৰলৈ গুচি গৈছে। যদি মোৰ মাজত কোনো পূণ্য বিদ্যমান থাকে তেনেহ'লে আমাৰ বৃদ্ধ পিতা আৰু ভাগ্যহীন
ভ্ৰাতা দাৰাৰ কাৰণে নিয়োজিত হওঁক। তেওঁলোকৰ কাৰণেই মই জীৱন ধাৰণ কৰিম। মই কুৰাম দেৱীক
স্মৰণ কৰিলো— তেওঁ
অন্তৰৰ তীব্ৰ বেদনাৰ প্ৰলেপ স্বৰূপে আহি চিতাগ্নি শিখাক অভিনন্দন জনাইছিল......।
আগ্ৰাৰ সমস্ত
ব্যৱস্থা যথাভিলাষ শেষ কৰি ঔৰঙ্গজেৱে শায়েস্তা খাঁক আগ্ৰাৰ শাসনকৰ্ত্তা নিযুক্ত
কৰিলে। তাৰ পাছত ৰাজকোষৰপৰা যথা প্ৰয়োজন অর্থ সংগ্ৰহ কৰি দাৰাৰ বিৰুদ্ধে অভিযান পৰিচালনা
কৰিবলৈ মুৰাদৰ লগত দিল্লী অভিমুখে অগ্ৰসৰ হ'ল; দাৰাই
তেতিয়া লাহোৰত এদল সৈন্য সংগ্ৰহ কৰি আছিল।
* * *
কিন্তু বাটত
ঔৰঙ্গজেৱৰ অলপ কাম অৱশিষ্ট আছিল- তেতিয়াও মুৰাদৰ ৰাজ্যাভিষেক হোৱা নাছিল। মুৰাদক
বহুতে পৰামৰ্শ দিছিল— ঔৰঙ্গজেৱে
অকলেই দাৰাক অনুসৰণ কৰক। তেওঁ নিজে তেওঁৰ বিশাল বাহিনীলৈ দিল্লী, আগ্রা অৱৰোধ কৰি থাকক। মুৰাদ সদায়
নিজৰ দুৰ্বাৰ সাহসৰ গৰ্বত স্ফীত হৈ থাকিছিল, সেয়ে তেওঁ ভীত নহ'ল।
তদুপৰি ঔৰঙ্গজেৱে কোৰাণ স্পৰ্শ কৰি শপত খোৱা নাছিলনে যে.......
মধুৰাৰ ওচৰত
সৈন্যদলে বিশ্রাম ল'লে। সেই অভিযানৰ
পৰৱৰ্ত্তী দিনবোৰ মুৰাদৰ কাৰণে খুবেই আনন্দদায়ক হৈ উঠিছিল। মিষ্টতম ফল, সুন্দৰতম ফুল, তীব্ৰতম সুৰাই নিৰন্তৰ মুৰাদৰ তৃপ্তি
সাধন কৰি আছিল। মুৰাদে সংবাদ পাইছিল যে, ঔঙ্গজেৱৰ শিৱিৰত ৰাজ্যাভিষেকৰ বাহিৰে বেলেগ কোনো আলোচনাই নহয়।
প্ৰতিটো হাতী আৰু অশ্বৰ কাৰণে নতুন ঝালৰ তৈয়াৰ কৰোৱা হৈছে, নতুন শিৱিৰ নিৰ্মাণ কৰা হৈছে। উৎসৱৰ
নতুন পৰিচ্ছদ, নতুন
অলংকাৰ আৰু যে কিমান কি! ৰান্ধনিশালত খুবেই ব্যস্ততা, সুমিষ্ট খাদ্য তৈয়াৰ হৈছে, সুগোন্ধ ফুলৰ নিৰ্যাস নিষ্কাষণ কৰা
হৈছে, নৰ্ত্তকী আৰু
গায়িকাসকলে সিহঁতৰ শিৱিৰত দিনে-নিশা নতুন নতুন নৃত্য গীতৰ আখৰা কৰিছে।
কিন্তু মুৰাদৰ
শিৱিৰত চলিছিল মদ্যপান আৰু উচ্ছৃংখলতা। মুৰাদৰ বিশিষ্ট বন্ধু আছিল খোজা শাহবাজ। সি
তাৰ প্ৰভুৰ জ্ঞানচকু উন্মীলন কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কিন্তু সকলো চেষ্টা
ব্যৰ্থ হ'ল। ঔৰঙ্গজেৱে নদীতীৰত অতি মনোহৰ পাৰিপাৰ্শ্বিক আৱেষ্টনীৰ মাজত উৎসৱৰ আয়োজন কৰিছিল। অৱশেষত
জ্যোতিষৰ নিৰ্দেশানুসাৰে নিৰ্দিষ্ট অভিষেকৰ শুভদিন উপস্থিত হ'ল। মুৰাদ অশ্বাৰোহণত আহি ঔৰঙ্গজেৱৰ
শিৱিৰত উপস্থিত হ'ল।
ইব্রাহীম খাঁই সামুগড়ৰ যুদ্ধৰ সময়ত চাহজাদা দাৰাক সদুপদেশ দিছিল। খোজা শাহবাজে
আজি আকৌ মুৰাদৰ অশ্ববল্গা ধৰি অশ্বৰ মুখ ঘূৰাই দিলে। ভাবিছিল, মুৰাদে সেই ইংগিত বুজিব পাৰিব। কিন্তু
দাম্ভিক মুৰাদ সেই ইংগিত অগ্ৰাহ্য কৰি অগ্ৰসৰ হ'ল।
ইব্রাহীমে কৈছিল
যে, সম্ৰাটৰ পথ
কাৰাগাৰৰ ফালে গৈছে। শাহবাজে আল্লাহৰ দোহাই দি মুৰাদক প্ৰত্যাৱৰ্ত্তনৰ কাৰণে
অনুৰোধ জনালে। শিৱিৰৰ দুৱাৰলৈকে বহুতেই তেওঁক সতর্ক কৰি দিছিল। সকলো বাধা সত্ত্বেও
মুৰাদে শিৱিৰত প্ৰৱেশ কৰিলে।
শ্বেখ মীৰ, আমিন খাঁ আৰু ঔৰঙ্গজেৱে কেইজনমান
বিশ্বাসী অনুচৰৰ সৈতে উৎসৱৰ পৰিচ্ছদ ভূষিত হৈ মুৰাদক অভিনন্দন জনালে। ঔৰঙ্গজেৱে
নিজেও মুৰাদক অভিনন্দন জনালে আৰু ভ্ৰাতৃস্নেহৰ, ভ্ৰাতৃপ্ৰেমৰ কথা ক'লে, তাৰ পাছত তেওঁ মুৰাদক সিংহাসনৰ ওচৰলৈ
লৈ গ'ল। সংগীত আৰম্ভ
হ'ল— নৰ্ত্তকীকূল
সমাগতা, বিকীৰ্ণ
পুষ্পদাম, বিচ্ছুৰিত
গোন্ধবাৰি, প্রজ্জ্বলিত
ধূপ গুগগুল, সমগ্র
বায়ুমণ্ডল তীব্ৰ মদিৰ গোন্ধত আমোদিত।
মুবাদৰ
সৈন্যাধক্ষসকল ঔৰঙ্গজেৱৰ সেনাপতিৰ দ্বাৰা নিমন্ত্ৰিত হৈছিল, তেওঁলোক আমোদ-প্ৰমোদৰ কাৰণে ইতস্ততঃ
বিক্ষিপ্ত হৈ পৰিল।
উৎসৱৰ ভোজ আৰম্ভ
হ'ল— সুস্বাদু খাদ্য ও সুপেয় সুৰা। ঔৰঙ্গজেৱৰ শিৱিৰত
কোনো সন্মানিত অতিথিৰ পান-পাত্ৰ খালী হ'বলৈ দিয়া হোৱা নাই। দুই ঘণ্টা পাছত ঔৰঙ্গজেৱে
মুৰাদক ক'লে- ভ্রাতা, তুমি বিশ্ৰাম কৰাগৈ। মই অভিষেকৰ সমস্ত
আয়োজন ও ব্যৱস্থা কৰিম; মই
তোমাক যথা সময়ত খবৰ দিমহি।
বিশ্বস্ত
স্বাহবাজৰ লগত মুৰাদ বেলগ কক্ষলৈ প্ৰত্যাৱৰ্ত্তন কৰিলে। তাত এজনী অপূৰ্ব সুন্দৰী
নাৰী অপেক্ষা কৰি আছিল— খোজা
ভৃত্যই তাইক খেদি পঠিয়ালে। অতিৰিক্ত মদ্যপানৰ কাৰণে মুৰাদ খুবেই নিদ্ৰামগ্ন হৈ পৰিল।
এইবোৰ ঘটনা আৰু
পৰৱৰ্ত্তী ঘটনাবোৰ এজন বিশ্বস্ত লোকে মোৰ ওচৰত বৰ্ণনা কৰিছিল। মই সেই কাহিনী শুনি
শোকত নিষ্পেষিত হৈ পৰিছিলো- ওৰেটো নিশা উজাগৰে কটাইছিলো—আৰু প্ৰাৰ্থনা কৰিছিলো। *** ইয়া আল্লাহ!!! ***
মুৰাদৰ পদতলত
বহি শাহবাজে অতি মৃদুভাবে— তেওঁৰ
পদসেৱা কৰি আছিল। হঠাৎ ঔৰঙ্গজেৱে উন্মুক্ত দুৱাৰ প্ৰান্তত উপস্থিত হ'ল। তেওঁৰ পৰিধানত শ্বেত পৰিচ্ছদ, মূৰ মুকুটবিহীন; অভিষেকৰ অনুৰূপ কোনো ভূষণ তেওঁৰ অংগত
নাছিল। ঔৰঙ্গজেৱে মৃদুগতিত অগ্ৰসৰ হ'ল।
ঔৰঙ্গজেৱে খোজাক
উঠি আহিবলৈ ইংগিত কৰিলে। খোজাই আদেশ প্রতিপালন কৰিলে। তৎক্ষণাৎ চাৰিজন লোকে
শ্বাসৰোধ কৰি খোজাক হত্যা কৰিলে আৰু তাক সেই স্থানতে পুতি থ'লে।
এইবাৰ ঔৰঙ্গজেৱৰ
ৰাজ ভূমিকা আৰম্ভ হ'ল।
তেওঁ তেওঁৰ চাৰি বছৰীয়া কনিষ্ঠ পুত্ৰ আজীমক মাতি এটি উজ্জ্বল মুক্তা দেখুৱাই ক'লে- “যদি তোমাৰ খুৰাকৰ কাষৰপৰা তেওঁৰ তৰোৱাল তেওঁক নজনোৱাকৈ লৈ আহিব পাৰা, তেনেহ'লে তোমাক এই মুক্তাখণ্ড উপহাৰ দিম৷” এই ক্ষেত্ৰত যদি মুৰাদ জাগি উঠে তেনেহ'লে দেখিব, এটি
নির্দোষ শিশুই তৰোৱাল লৈ খেলা কৰিছে। শিশু আজীম উল্লসিত হৈ মুৰাদৰ তৰোৱাল লৈ আহিল।
তেতিয়া সপোনৰ আৱেশত মুৰাদৰ মুখত অপূর্ব প্রশান্তি। শিশুটোক আৰু এটি মুক্তা দেখুৱাই ঔৰঙ্গজেৱে পুনৰ
ক'লে- তুমি খুৰাকৰ
সৌ ক্ষুদ্র ছুৰিটো লৈ আহিব পাৰিবানে? উল্লসিত হৈ শিশুই পুনৰ মুৰাদৰ কোমৰবন্ধৰপৰা ছুৰিলৈ আহিল। ঔৰঙ্গজেৱে
স্বস্তিৰ নিশ্বাস পেলালে।
মুৰাদে সাৰ পাই
দেখিলে, তেওঁৰ পদদ্বয়
গুৰুভাৰ শৃংখল দ্বাৰা আৱদ্ধ। হাত প্ৰসাৰিত কৰি মুৰাদে তেওঁৰ অস্ত্ৰ সন্ধান কৰিলে।
কিন্তু অস্ত্ৰ নাই। তেওঁ প্ৰতিৰোধৰ কোনো চেষ্টাই নকৰিলে। অৱনত মস্তকত শান্ত সুৰত
মাথোন ক'লে- কোৰাণ
স্পৰ্শ কৰি মোৰ ওচৰত এই শপতে খোৱা হৈছিল। আল্লাহ।
নতুন সুৰত সংগীত
বাজি উঠিল। মুৰাদৰ অনুচৰবৰ্গই ধাৰণা কৰিলে, অভিষেক উৎসৱ তেতিয়াও চলি আছে। সন্ধিয়া সমাগমত। দুটা হাতী গৈছে। এটা
আগ্ৰাৰ ফালে আৰু আনটো দিল্লীৰ ফালে– দুটা
হাতীয়ে প্ৰহৰীৱেষ্টিত। দিল্লীৰ পথত হাতীৰ পিঠিত গৈছে হতভাগ্য মুৰাদ।
মুৰাদৰ
অনুচৰবৰ্গ ক্ৰমশঃ চঞ্চল হৈ উঠিল। কিন্তু ঔৰঙ্গজেৱৰ সৈন্যাধ্যক্ষসকলক আদেশ দিয়া
হৈছিল— যেন মুৰাদৰ
সেনাপতিসকলে শিৱিৰ ত্যাগ কৰিব নোৱাৰে। সিহঁতে ঔৰঙ্গজেৱৰ কৌশলৰ কথা অৱগত আছিল।.........
নিশা হঠাৎ
ঔৰঙ্গজেৱৰ সৈন্যদল আনন্দধ্বনি কৰি উঠিল- জালা জালালুল্লাহ (সম্রাট ঔৰঙ্গজেৱ
দীর্ঘজীবী হওঁক)। লগে লগে ঘোষণা কৰা হ'ল
যে, ছাহজাহান আৰু
মুৰাদৰ সৈন্যসকলে দ্বিগুণ বেতন পাব। মুৰাদৰ সৈন্যাধ্যক্ষসকল প্ৰথমে পলোৱাৰ চেষ্টা
কৰিছিল, কিন্তু সৈন্যদল
ভীষণ ভীতও হৈছিল। কিন্তু পাছদিনা দেখা গ'ল মুৰাদৰ সমগ্ৰ সৈন্য ঔৰঙ্গজেৱৰ দলত যোগদান কৰিছে।
ঔৰঙ্গজেৱৰ
দৰবেশৰ আলখাল্লাৰ তলত তেওঁৰ শিৰাত চেঙ্গিচৰ তেজৰ ধাৰা প্ৰবাহিত হৈ আছিল। চেঙ্গিচ খাঁই
সমগ্ৰ পৃথিৱীক ভীত সন্ত্ৰস্ত কৰিছিল। শক্তি সংগ্ৰহৰ আকুলতাত যেতিয়া ঔৰঙ্গজেৱৰ তেজ
উষ্ণ হৈ উঠিছিল, তেতিয়া
তেওঁৰ তেজৰ ধাৰাৰপৰা কোৰাণৰ আখৰবোৰ মচ খাই গৈছিল।
মুৰাদ দিল্লীৰ
পথত গৈ আছে, অত্যন্ত
অপমানিতভাবে। তেওঁৰ পশ্চাতত হাতীৰ পিঠিত তেওঁক অনুসৰণ কৰি গৈছে ঘাতক- পলায়নৰ চেষ্টা কৰিলেই মুৰাদৰ শিৰশ্ছেদ কৰা হ'ব। বন্দী অৱস্থাত তেওঁক কাৰাগাৰলৈ লৈ
যোৱা হ'ল, তাত তেওঁক পপীৰ চৰবত পান কৰিবলৈ দিয়া
হ'ল।
তাৰ পাছত
ঔৰঙ্গজেৱে সিংহাসনত আৰোহণ কৰিলে।
* * *
বিঃ
দ্রঃ-কিছুমান পাত চিঙা, অসংলগ্ন.....
পূর্ণ পাঠোদ্ধাৰ কৰা সম্ভৱ হোৱা নাই।
মই দাৰাৰ ইতিহাস লিখিছো— মোৰ কপোল, মই পত্ৰৰ ওপৰত ন্যস্ত কৰিলো, মোৰ অশ্রুধাৰা কালিৰ আখৰৰ লগত মিহলি হৈ
যাওঁক।
মাজে মাজে দাৰাৰ
ইচ্ছাশক্তি দুৰ্দ্দমনীয় হৈ উঠিছিল। সেই শক্তিৰ আবেগত দাৰাই লাহোৰত প্ৰায় বিছ
হাজাৰ সৈন্য সমাৱেশ কৰিলে— লাহোৰৰ
ওচৰৰ এজন ৰজাই সৈন্য সাহায্য কৰিব বুলি দাৰাক প্ৰতিশ্ৰুতিও দিছিল। দাৰাই তাঁৰ কথাৰ ওপৰত অত্যন্ত বেছি নিৰ্ভৰ কৰিলে। মোৰ সহোদৰসকলৰ ভিতৰত বেলেগৰ হৃদয় জয়
কৰাৰ ক্ষমতা দাৰাৰ দৰে আন কাৰো নাছিল। তেওঁৰ মুখত আছিল সৰল হাঁহি, কণ্ঠত সংগীতৰ সুৰ। দাৰাই সেই হিন্দু
ৰজাৰ হৃদয় জয় কৰাৰ বাসনা কৰিলে। তেওঁক ৰাজানুগ্ৰহৰ বহু নিদৰ্শন আৰু যথেষ্ট অৰ্থ
উপহাৰ দিয়া হ'ল।
কিন্তু
ঔৰঙ্গজেৱৰ গোপন পত্ৰাৱলী ৰাজ্যৰ প্ৰতিটো কোণত সিঁচৰতি হৈ পৰিছিল।
হিন্দু ৰজাই দাৰাক
পৰিত্যাগ কৰিলে, কিন্তু
ঔৰঙ্গজেৱৰ প্ৰেৰিত অৰ্থ ত্যাগ কৰিব নোৱাৰিলে।
ঔৰঙ্গজেৱে
সৈন্যবাহিনীৰ সন্মুখ ভাগত থাকি অগ্ৰসৰ হ'বলৈ ধৰিলে। তেওঁ জানিছিল যে, তেতিয়াও বহু বিখ্যাত সৈন্যাধ্যক্ষ দাৰাৰ পক্ষত আছিল। সিহঁতৰ বহুতেই
দাৰাৰ লগত প্ৰীতিৰ বন্ধনত আৱদ্ধ। তাৰ মাজত দায়ুদ খাঁ অন্যতম। ঔৰঙ্গজেৱে বহু জাল
পত্ৰ তৈয়াৰ কৰিলে– সেই
জাল পত্ৰৰ মূল কথা আছিল ঔৰঙ্গজেৱ আৰু দায়ুদ খাঁৰ মাজত পত্ৰ বিনিময়। সেই পত্ৰবোৰ দেখি
দাৰাৰ চিত্ত সন্দিহান হৈ উঠিল। হতভাগ্য দাৰাই তেওঁৰ বিশ্বাসী সৈন্যাধ্যক্ষসকলকো অবিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। দাৰাই দায়ুদ খাঁক আদেশ দিলে- মোক ত্যাগ
কৰা। মোৰ সৈন্য পৰিত্যাগ কৰি গুচি যোৱা। দায়ুন খাঁই শিশুৰ দৰে ক্ৰন্দন কৰিলে। তাৰ পাছত দায়ুদ খাঁই উত্তৰ দিলে- দুৰ্ভাগ্যই দাৰাক মৃত্যুৰ পথলৈ লৈ গৈ
আছে। দাৰাক পৰিত্যাগ কৰি দায়ুদ খাঁ গুচি গ'ল।
অতি দ্ৰুতগতিত দাৰাই লাহোৰ ত্যাগ কৰি বেলেগ
স্থানত আশ্ৰয়ৰ আশাত ওলাই পৰিল। ভাক্কাৰৰ৭৩ দূৰ্গত তেওঁৰ বহু সুশিক্ষিত
সৈন্য পশ্চাতত ৰাখি গ'ল— অৱশ্যে তেওঁৰ বহু সৈন্যই ইতিমধ্যেই
তেওঁক পৰিত্যাগ কৰি গুচি গৈছিল।অৱশেষত দাৰা গুজৰাটত উপস্থিত হ'ল— তাত তেওঁ সৈন্য সংগ্ৰহ কৰিলে।
এই অৱসৰত
ঔৰঙ্গজেৱে সংবাদ পালে যে, ছাহ
শুজাই বাংলাদেশ পৰিত্যাগ কৰি বহু সৈন্যলৈ অভিযান চলাইছে। দাৰাৰ অনুসৰণ ত্যাগ কৰি ছাহ
শুজাই তেওঁৰ সমগ্ৰ সৈন্যলৈ দক্ষিণাভিমুখে অভিযান চলালে। ইফালে ঔৰঙ্গজেৱে তেওঁৰ লক্ষ্যস্থানত উপস্থিত
হোৱাৰ কাৰণে দ্রুত অশ্ব চেঁকুৰালে। সেই যাত্ৰাৰ সময়ত তেওঁ বহুবাৰ নিজ সৈন্যদলক
অতিক্ৰম কৰি অকলে আগলৈ গুচি গৈছিল,
কেতিয়াবা আকৌ অকলে গছৰ তলত বিশ্রাম লৈছিল। কেতিয়াবা নিজৰ ঢালৰ ওপৰত
মূৰ থৈ নিদ্ৰা গৈছিল।
অতর্কিতে এদিন
ঔৰঙ্গজেৱে বনপথত ৰজা জয়সিংহৰ সন্মুখীন হ’ল। জয়সিংহ চোলেমান শুকোৰ সৈন্য পৰিচালক। তেওঁ দাৰাক ঘৃণা কৰিছিল— কাৰণ তেওঁক দাৰাই এদিন গায়ক বুলি
উপহাস কৰিছিল। কিন্তু জয়সিংহ ছাহজাহনৰ প্ৰিয়পাত্র আছিল। জয়সিংহৰ সৈন্যসকলে
ঔৰঙ্গজেৱক হত্যা কৰি সম্ৰাট ছাহজাহানক মুক্ত কৰাৰ কাৰণে জয়সিংহক অনুৰোধ জনালে। যদি
সেয়া কৰা হ'লহেঁতেন
জয়সিংহৰ প্ৰশংসাত পৃথিৱী মুখৰ হৈ উঠিল হেঁতেন।
ঔৰঙ্গজেৱে বিপদৰ
গভীৰতা উপলব্ধি কৰিলে। তেওঁ অকলে জয়সিংহৰ লগত সাক্ষাৎ কৰিবলৈ উপস্থিত হ'ল— যেন তেওঁৰ প্ৰত্যাশাই ঔৰঙ্গজেৱে
কৰিছিল। তৈমূৰৰ ভাষাত ৰজা জয়সিংহক প্ৰশংসা কৰিলে। তাৰ পাছত নিজৰ কণ্ঠৰপৰা বহু
মূল্যবান মুক্তাহাৰ খুলি ৰজাৰ কণ্ঠত পিন্ধাই দি ক'লে- মই আপোনাক দিল্লীৰ শাসনকৰ্ত্তা নিযুক্ত কৰিলো...... সাম্ৰাজ্যৰ
প্রয়োজন.....আপুনি এই মুহূর্তে দিল্লীৰ পথত যাত্ৰা কৰক।
ভাগ্যই নিজৰ পথ
ৰচনাৰ কাৰণে কিছুমান অস্ত্ৰ প্ৰয়োগ কৰে- সেয়া সতেই হওঁক অথবা অসতেই হওঁক। কিন্তু
ভাগ্যই আমাৰ পথৰ গতি কোনফালে ৰচনা কৰিছে?
ৰজা জয়সিংহে
অবিলম্বে দিল্লী অভিমুখে যাত্ৰা কৰিলে।
আগ্ৰাৰ তীব্ৰ
উত্তাপে কণ্ঠৰোধ কৰি দিয়ে। প্ৰায়ে মই বিনিদ্র রজনী যাপন কৰিছো- মোৰ ধাৰণা হৈছিল, যেন মোৰ সুবৰ্ণ শয্যাৰ উপৰি ভাগৰ কক্ষৰ
ছাদ মোৰ শৱধাৰৰ আৱৰণত পৰিণত হৈছে। আমাৰ পিতা আৰু মই যেন সমুদ্ৰত জলমগ্ন যাত্রী— এক নির্জন দ্বীপত উঠিছোঁ। আমাৰ ওচৰলৈ অহা
খবৰবোৰ যেন এটি বিৰাট নৌবাহিনীৰ ধুমুহা বিক্ষুব্ধ ধ্বংসীভূত যানৰ ভগ্ন অংশ মাত্র।
কিন্তু ঔৰঙ্গজেৱৰ প্ৰতি থকা ঘৃণাই যেন আমাৰ পিতাৰ দেহত নতুন জীৱনী শক্তি
সঞ্চাৰ কৰিছিল।
অদূৰত খাজুয়াৰ
প্ৰান্তৰত নবীন সম্রাট আৰু ছাহ শুজাৰ সংগ্ৰাম আৰম্ভ হ'ল। কি ভীষণ সংগ্রাম! ঔৰঙ্গজেৱৰ হাতীৰ
চাৰিওফালে শৰৰ বৃষ্টি বর্ষণ হৈছে। তেওঁ সামুগড় প্ৰান্তৰৰ দৰে মৃত্যুৰ সন্মুখীন— তাতো বিজয়ী শত্ৰুলৰ মাজত এজন
বিশ্বাসঘাতকৰ অভাৱ নহ'ল।
ঔৰঙ্গজেৱে যেতিয়া হাতীৰ পিঠিৰপৰা অৱতৰণ কৰিলে তেতিয়া মীৰজুমলা চিঞৰি উঠিল- হাতীৰ
পিঠিত অপেক্ষা কৰক। ঔৰঙ্গজেৱে হাতীৰ পিঠিৰপৰা অৱতৰণ নকৰিলে। সামুগড়ে ঔৰঙ্গজেৱক
সিংহাসনৰ বাটত বাট বুলিবলৈ শিক্ষা দিছিল। আনহাতে সেই বিশ্বাসঘাতকে শুজাক হাতীৰ
পিঠিৰপৰা নামিবলৈ পৰামৰ্শ দিলে- “হাতীৰ
পিঠিৰপৰা অৱতৰণ কৰক।” যদিও
দাৰাৰ দুৰ্ভাগ্যৰ ইতিহাসৰ বিষয়ে শুজা অৱগত আছিল, তথাপি ভাগ্যহীন শুজা হাতীৰ পিঠিৰপৰা অৱতৰণ কৰিলে। তৎক্ষণাৎ তেওঁৰ
সৈন্যদলৰ মাজত বিভ্রান্তি সৃষ্টি হ'ল।
সৈন্যদল পলায়ন কৰিবলৈ ধৰিলে। জয়ৰ চৰম মুহূৰ্তত শুজা ঔৰঙ্গজেৱৰ হাতত পৰাজিত হ'ল।
মোৰ লেখনী
শ্ৰান্ত হৈ পৰিছে। এই কেইটামান ঘটনাই ছাহজাহানৰ সাম্ৰাজ্যৰ ভিত্তি চিৰদিনৰ কাৰণে
শিথিল কৰি দি গ'ল, পিতা চাহজাহানে পুত্ৰসকলক বিশ্বাস
কৰিছিল— সেই পিতাৰ
পুত্ৰৰ সংগ্ৰামৰ ধ্বনি হ'ল, “ইয়া তকত্ ইয়া তাবুত”, হয় সিংহাসন নহ'লে সমাধি। ছাহ শুজাৰ ভাগ্যত সমাধি লাভো হোৱা নাছিল।
আশ্ৰয়ৰ কাৰণে ছাহ শুজা ব্ৰহ্মদেশলৈ পলায়ন কৰিছিল, ব্ৰহ্মদেশৰ ৰজাই তেওঁক পশ্চাদ্ধাৱন কৰি বনলৈ লৈ গৈছিল। ৰজাৰ অনুচৰৰ
ছুৰিকাঘাতত শুজাক হত্যা কৰা হৈছিল। তেওঁৰ মৃতদেহ বন্যজন্তুৰ আহাৰত পৰিণত হৈছিল।
ৰাজপুত্ৰ শুজাই সাম্ৰাজ্যৰ প্ৰথম শান্তি ভংগ কৰিছিল। এয়া কর্মফল, নে অদৃষ্ট ?............................................
* * *
* * *
দশম স্তৱক
---------------
খাজুয়াত গুজাৰ
পতনৰ পাছত আকৌ আৰম্ভ হ'ল
দাৰাৰ কাহিনী। ইয়াত মোৰ প্ৰাৰম্ভিক দিনৰ কাহিনী আহিছে।
* * *
সিদিনা আছিল এহেজাৰ ঊনসত্তৰ হিজৰী
জমাদিউল আওয়াল (১৬৫৯ খ্রীষ্টাব্দ)। দাৰাই
পূৰ্বব্যৱস্থা অনুসৰি যশোৱন্ত সিংহৰ
সৈন্যৰ লগত মিলিত হোৱাৰ কাৰণে তেওঁৰ নতুন সৈন্যলৈ গুজৰাটৰপৰা অভিযান আৰম্ভ কৰিলে।
ৰজা যশোৱন্ত সিংহৰ সাহায্য অবিহনে চাহজাদা দাৰাৰ পক্ষে ঔৰঙ্গজেৱক প্রতিহত বা সিংহাসন
উদ্ধাৰ কৰাৰ কোনো সম্ভাৱনা নাছিল। কিন্তু আমাৰ পিতাৰ বিশ্বস্ত সামন্ত যশোৱন্ত
সিংহেও প্রতিশ্রুতিৰ মৰ্যদা ৰক্ষা কৰা নাছিল। ঔৰঙ্গজেৱৰ ইন্দ্ৰজালত, চক্রজালত অথবা অর্থজালত ধৰা পৰা নাছিল
এনেকুৱা কোনো মানুহ নাছিল।
দাৰাই এটি
ক্ষুদ্র পর্বতৰ উপত্যকাত আজমীৰৰপৰা অনতিদূৰত শিৱিৰ স্থাপন কৰিলে আৰু আত্মৰক্ষাৰ
কাৰণে তাত তেওঁ কেইটামান পৰিখা খান্দিলে। ঔৰঙ্গজেৱে উপস্থিত হৈ দেখিলে, আক্রমণ অসম্ভৱ। ঔৰঙ্গজেৱে নতুন সূত্র
অৱলম্বন কৰিলে। অত্যন্ত বিশ্বাসী দিলওয়াৰ খাঁই পূৰ্বেই ধৰ্মৰ নামত ঔৰঙ্গজেৱৰ
পক্ষত যোগদান কৰিছিল। ঔৰঙ্গজেৱে দিলওয়াৰ খাঁৰ দ্বাৰা দাৰাৰ ওচৰলৈ পত্ৰ প্ৰেৰণ কৰিলে। সেই পত্ৰত লেখা
আছিল- “মই
কোৰাণ স্পৰ্শ কৰি কৈছোঁ যে, যুদ্ধৰ
সময়ত ঔৰঙ্গজেৱৰ পক্ষ ত্যাগ কৰি চাহজাদাৰ লগত যোগ দিমহি।”সেয়েহে দাৰাই সেই পত্ৰত বিশ্বাস কৰি
তেওঁৰ পক্ষৰ সৈন্যসকলক আদেশ দিলে যেন সিহঁতে দিলওয়াৰ খাঁৰ সৈন্যক আক্ৰমণ নকৰে।
যুদ্ধৰ আগদিনা
ঔৰঙ্গজেৱৰ জ্যোতিষীয়ে ভৱিষ্যত বাণী কৰিলে যে, আকাশৰ জ্যোতিষ্ক মণ্ডলীয়ে সম্রাটৰ সৈন্যাধ্যক্ষমণ্ডলীৰ দুর্ভাগ্য
সূচনা কৰিছে। ঔৰঙ্গজেৱৰ সৈন্যাধ্যক্ষসকলে গোপন মন্ত্ৰণা সভাত এই সংবাদ শুনি নিৰাশ
হ'ল যদিও শেখ মীৰ
নামৰ সৈন্যাধ্যক্ষজনে এই সন্ধিক্ষণত কিছু আশাৰ সঞ্চাৰ কৰিলে। তেওঁ সম্ৰাটৰ হাতীৰ
পিঠিত আৰোহণ কৰি সম্ৰাটৰ কাৰণে জীৱন উৎসর্গ কৰিবলৈ অনুমতি প্ৰাৰ্থনা কৰিলে।
প্রভাতৰ প্ৰথম প্ৰহৰত সৈন্যসকলে যুদ্ধ যাত্ৰা কৰিলে। ঔৰঙ্গজেৱৰ ভূষণ পৰিহিত শ্বেখ
মীৰ হাতীৰ পিঠিত সমাসীন। প্রভাতৰ অস্পষ্ট পোহৰত সৈন্যসকলে নিশ্চিত ধাৰণা কৰিলে যে, সিহঁতৰ অধিনায়ক স্বয়ং সন্মুখ ভাগত
অৱস্থিত। যুদ্ধ আৰম্ভ হ'ল। দাৰাৰ গোলন্দাজ বাহিনীয়ে শত্ৰুক
বিক্ষিপ্তভাবে আক্রমণ কৰিলে। শ্বেখ মীৰ সেই বিক্ষিপ্ত আক্ৰমণত গুলীৰ আঘাতত মৃত্যুমুখত
পতিত হ'ল। কিন্তু তেওঁৰ
দেহৰক্ষীসকলে মৃতদেহ যথাস্থানত সংস্থাপন কৰি সৈন্যসকলক যুদ্ধৰ কাৰণে উৎসাহিত
কৰিবলৈ ধৰিলে। অধিনায়কক জীৱিত ধাৰণা কৰি ঔৰঙ্গজেৱৰ সৈন্যসকলে প্রাণপণে যুদ্ধ
কৰিবলৈ ধৰিলে
ঔৰঙ্গজেৱে এবাৰৰ
কাৰণেও হাতীৰ পিঠি ত্যাগ কৰা নাই।
এইবাৰ দিলওয়াৰ
খাঁৰ সুযোগ উপস্থিত হ'ল।
তেওঁ দাৰাক ইংগিত কৰিলে যেন তেওঁৰ সৈন্যসকলক অতিক্রম কৰিবলৈ সুযোগ দিয়া হয়। তাৰ
পাছত তেওঁ দ্বাদশ সহস্র সৈন্যলৈ আক্রমণ চলালে। কিন্তু দাৰাৰ পক্ষে যোগদান নকৰি
তেওঁ দাৰাৰ সৈন্যসকলক ক্ষত-বিক্ষত কৰিবলৈ ধৰিলে। দাৰাৰ সমগ্ৰ সৈন্য পলায়ন কৰিলে।
ফলত দাৰা দ্বিতীয়বাৰৰ কাৰণে পৰাজিত হ'ল।
হতভাগ্য দাৰাৰ
দুৰ্ভাগ্য আৰু ওচৰ চাপি আহিল। গুজৰাটৰ যিখন নগৰৰপৰা দাৰা শুকোই অভিযান আৰম্ভ
কৰিছিল, সেই নগৰখনক তেওঁ
নিজৰ গৃহ বুলি ধাৰণা কৰি তালৈ প্ৰত্যাৱৰ্ত্তন কৰিলে। কিন্তু সেই নগৰত তৃষ্ণার্ত, ধূলি-ধূসৰিত দাৰাৰ প্রৱেশ নিষিদ্ধ কৰা
হ'ল। লগে লগে
দাৰাৰ সমস্ত আশা নির্মূল হৈ গ'ল।
শিৱিৰৰপৰা উত্থিত নাৰী কণ্ঠৰ আৰ্তনাদে আকাশ বিদীর্ণ কৰি দিলে। সেই কণ্ঠস্বৰ আছিল
বিধাতাৰ কৰুণা যাচ্ঞা।
কিয়, কিয় ভগবানে মানুহৰ আত্মাক অৱনমিত কৰে? অথচ সেই আত্মাক আকৌ ভগবানে নিজৰ কাষলৈ
টানি নিয়ে। চাহজাদা দাৰাৰ পূৰ্বৰ বন্ধুসকলে তেওঁক ত্যাগ কৰি গ'ল; তেওঁৰ পৰাজয়ৰ পাছতো যিসকল সৈন্য তেওঁৰ লগত আছিল, সিহঁতৰ অধিকাংশই এতিয়া তেওঁক ত্যাগ
কৰি গুচি গৈছে। এতিয়া দাৰাই তেওঁৰ হীনতম অনুচৰৰ লগতো আলাপ করে— কাৰণ তেওঁয়ে পৃথিৱীত ৰিক্ততম!
ঔৰঙ্গজেৱৰ
অনুচৰৰ দ্বাৰা অনুধাৱিত হৈ দাৰা পাৰস্যৰ ফালে অগ্ৰসৰ হ'ল। তেওঁৰ লগত আছিল তেওঁৰ স্ত্ৰী নাদিৰা
বেগম, উদিপুৰী বেগম, ৰাণাদিল, কন্যা জানি বেগম আৰু কনিষ্ঠ পুত্ৰ শিপাৰ শুকো। দুই সহস্র অনুচৰে
তেতিয়াও তেওঁৰ সংগ ত্যাগ কৰা নাছিল।
দাৰাই বিশ্ৰাম
নকৰি ক্ৰোশৰ পাছত ক্ৰোশ বাট অতিক্ৰম কৰি যোৱা নাই কিয়? এইবাৰ অদৃষ্টই তেওঁৰ সন্মুখত সৰ্বশেষ বাধা
সৃষ্টি কৰিলে। তেওঁক দুখৰ গভীৰতম গহ্বৰলৈ টানি নিলে। পাৰস্য সীমান্তৰ অনতিদূৰত অতি
ক্ষুদ্র ধুণৰাজ্য অৱস্থিত আছিল। সেই ৰাজ্যৰ আফগান ৰজাক দাৰাই অতীতত তিনিবাৰ মৃত্যু
মুখৰপৰা ৰক্ষা কৰিছিল। তেওঁৰ ওচৰত সাহায্য প্ৰত্যাশা কৰি দাৰাই ধুণৰাজ্য পৰিদৰ্শনৰ
ইচ্ছা কৰিলে। কিন্তু আফগান ৰজাই সাহায্য নকৰি সপৰিবাৰে বন্দী কৰি তেওঁক সৈন্যদলৰ পৰা
বিচ্ছিন্ন কৰিলে। দাৰাৰ খোজা ভৃত্যই আফগান ৰজাক হত্যা কৰি তাৰ প্ৰভুক ৰক্ষা কৰিবলৈ
সংকল্প ল'লে। কিন্তু তাৰ
বন্দুকৰ গুলী ব্যৰ্থ হ'ল।
দাৰাৰ সমস্ত সৈন্য কাৰাৰুদ্ধ হ'ল।
সংবাদ ৰটনা হ'ল
যে, ঔৰঙ্গজেৱৰ সৈন্য
ধুণৰাজ্যৰ পৰা বেছি দূৰত নহয়।
দাৰাৰ প্ৰধানা
বেগম নাদিৰা ভয়াৰ্ত্তা, কম্পিতা, আশাহতা হৈ পৰিল। তেওঁ তেওঁৰ স্বামীক
অত্যন্ত ভাল পাইছিল। সেয়েহে স্বামীৰ অবৰ্তমানে তেওঁ জীৱন ধাৰণৰ ইচ্ছা পৰিত্যাগ
কৰিলে। ঔৰঙ্গজেৱৰ পার্শ্বচাৰিণী ৰূপে নিজক কল্পনা কৰি তেওঁ শিৱঁৰি উঠিল। তেওঁ
চিৎকাৰ কৰি উঠিল- প্রতিহিংসাপিপাসু ঔৰঙ্গজেৱে মোৰ স্বামী-পূত্ৰৰ তেজেৰে তেওঁৰ তেজ
পিপাসা নিবাৰণ কৰিব। সেই অত্যাচাৰীৰ জয়যাত্ৰাৰ পথত মোৰ মৃত্যু হ'ব তেওঁৰ বিজয়-চিহ্ন। তৎক্ষণাৎ তেওঁ
তেওঁৰ আঙুঠিৰ বিষ লেহন কৰিলে; মুহূৰ্তৰ
ভিতৰতে তেওঁৰ মৃতদেহ ভূলুণ্ঠিত হ'ল।
এনেকুৱা দুৰ্ভাগ্য আৰু দাৰাৰ জীৱনত কোনোদিন উপস্থিত হোৱা নাছিল। নাদিৰা বেগম আছিল
নাৰী কুলমণি।
মৃতৰ শিবিৰত
তেতিয়াও ক্ৰন্দন ধ্বনি শেষ হোৱা নাছিল, দুৰ্গদ্বাৰত অস্ত্ৰৰ ঝনঝননি আৰম্ভ হ'ল। ঔৰঙ্গজেৱৰ অনুচৰ দুৰ্গৰ দুৱাৰ মুখত থিয় হৈ চিঞৰ উঠিল- “বন্দী কৰা।” সেই সুৰ ধুণৰাজ্যৰ সমগ্ৰ দুৰ্গত
প্ৰতিধ্বনিত হ'ল। দাৰাই তৰোৱাল উত্তোলন কৰিলে, তেওঁৰ আকাংক্ষা পত্নীৰ কাষত সংগ্ৰাম কৰি নিহত হ'ব। কিন্তু শত্ৰুসকলে তেওঁক বন্দী কৰিলে, তেওঁৰ হাত-ভৰি শৃংখলিত কৰিলে। তেওঁৰ
বেলেগ দুই স্ত্ৰী, সন্তানবৃন্দ
আৰু ক্রীতদাসীসকলক লৈ যোৱাৰ কাৰণে চাৰিটা হাতী দুৰ্গদ্বাৰলৈ অনা হ'ল। দাৰাক অকলে যিটো হাতীত উঠোৱা হ'ল তাৰ সন্ধান গোপন ৰখা হ'ল। প্ৰতিটো হাতীত বর্শা ও তৰোৱাললৈ
ঘাতক উপৱিষ্ট হ'ল।
সেই বন্দীৰ শোভাযাত্ৰা ভাক্কাৰৰ দুৰ্গৰ ফালে অগ্ৰসৰ হ'ল। ভাক্কাৰৰ দুৰ্গৰক্ষীসকলে বীৰত্বৰ
সৈতে সংগ্ৰাম কৰিলে, সিহঁতে
উৎকোচ গ্রহণ নাইবা বশ্যতা স্বীকাৰ নকৰিলে। শত্ৰুৰ আক্ৰমণতো সিহঁত পৰাজিত নহ'ল। সিহঁতে দাৰাৰ আদেশৰ বাহিৰে বেলেগ
কাৰো আদেশ পালন নকৰিব বুলি প্ৰতিজ্ঞা কৰিলে। দাৰাৰ প্ৰতি এই দূর্গবাসীসকলৰ বিশ্বাস
ইমানেই গভীৰ আছিল যে, সিহঁতৰ
প্ৰাণ ৰক্ষাৰ কাৰণে বন্দী দাৰা বাধ্য হৈ স্বয়ং শত্ৰুৰ ওচৰত দুৰ্গদ্বাৰ উন্মুক্ত
কৰি দিবলৈ সিহঁতৰ ওচৰলৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰিব লগা হৈছিল।
চল্লিশ দিন পাছত
বন্দীগণ দিল্লীত আহি উপস্থিত হ'ল।
সমগ্র পথ সিহঁতে বহু অশ্বাৰোহী সৈন্য দ্বাৰা পৰিবৃত হৈ আহিছিল। দাৰাৰ সোঁৱে বাঁৱে, পশ্চাতত উজ্জ্বল বর্ম পৰিবৃত কেইজনমান
অশ্বাৰোহী বাহিনী নিযুক্ত কৰা হৈছিল। এইবাৰ মোৰ জীৱন কাহিনী আৰম্ভৰ দিন।
* * *
এটি উন্মুক্ত
হাওদাত হাতীৰ পিঠিত চাহজাদা বুলন্দ ইকবাল দাৰা শুকো। মানুহৰ কৰুণ দৃষ্টিৰ সন্মুখত
দিল্লীৰ ৰাজপথত এসময়ৰ বিশ্ৰুত শক্তিমান দাৰা শুকো অপমানহত অৱস্থাত গৈছে। এজন ফকিৰ
চিঞৰি উঠিল-“চাহজাদা
তুমি যেতিয়া স্বাধীন আছিলা, তুমি
প্রতিদিন মোক ভিক্ষা দিছিলা, আজি
তোমাৰ দিয়াৰ দৰে একো নাই মই জানো,
তথাপি তুমি সম্রাটপুত্র”। দাৰাই তেওঁৰ
ছিন্ন গাত্ৰাৱৰণ চাদৰ ফকিৰক দান কৰিলে। ইহলোকত তেওঁৰ সৰ্বশেষ
দান ঔৰঙ্গজেৱে সম্পূর্ণ কৰিবলৈ নিদিলে, কাৰণ বন্দীৰ দান কৰাৰ অধিকাৰ নাছিল।
দাৰাৰ বিচাৰ শেষ
হ'ল। মূর্তিপূজা
ইছলামৰ শত্ৰু, এই
অপৰাধত তেওঁৰ শিৰশ্ছেদ কৰা হ'ব।
ঔৰঙ্গজেৱৰ ধৰ্ম বিশ্বাসে দাৰাক ভীত কৰিছিল। ঘাতকৰ আঘাতৰ পূৰ্বে সেয়ে দাৰাই চিঞৰি
কৈছিল- মহম্মদে মোৰ প্ৰাণ হৰণ কৰিছে, ঈশ্বৰৰ পুত্ৰই মোক জীৱন দান কৰিছে।৭৪
মানুহ যিমান
ঈশ্বৰৰ পথ সিমান। দাৰা বহু পথত ঈশ্বৰ লাভৰ চেষ্টা কৰিছিল; কিন্তু ঈশ্বৰ লাভ কৰিছে জানো? মৃত্যুৰ আগত তেওঁৰ ওচৰত প্ৰতিভাত হৈছিল— জগতৰ সনাতন নিয়ম কোনেও অতিক্ৰম কৰি
যাব নোৱাৰে। স্রষ্টা ও সৃষ্টিৰ মাজত এনে এটি বন্ধন আছে, যি বন্ধন কোনো ভাষাই পূৰ্ণ কৰিব
নোৱাৰে।
দাৰা! পৃথিৱীৰ
শেষদিনলৈকে আল্লাহই তোমাৰ ওপৰত কৰুণা বৰ্ষণ কৰক।
দাৰাৰ শিৰশ্ছেদ
কৰা হৈছে। কিন্তু তেওঁৰ দুই স্ত্ৰী ও পুত্রগণ তেতিয়াও জীৱিত। ঔৰঙ্গজেৱে স্বয়ং
সেই মুণ্ড পৰীক্ষা কৰিছে, তাৰ
পাছত কাৰাগাৰত ছাহজাহানৰ ওচৰলৈ সেই মুণ্ড প্ৰেৰণ কৰিছে।
* * *
ঔৰঙ্গজেৱে উদীপুৰী
বেগমক সাক্ষাতৰ কাৰণে আমন্ত্ৰণ জনালে, তাই আছিল জর্জিয়া দেশৰ খ্ৰীষ্টান কন্যা। উদীপুৰীয়ে ঔৰঙ্গজেৱৰ আদেশ
পালন কৰিলে। ঔৰঙ্গজেৱে তাইক বিবাহ কৰালে, কিন্তু ৰাণাদিল নীচজাতীয়া নৰ্ত্তকী, পত্ৰৰ
উত্তৰত ঔৰঙ্গজেৱক সুধিলে- জাহাঁপনাই মোক কিয় সাক্ষাতৰ কাৰণে আহ্বান কৰিছে ? সম্রাটে উত্তৰ দিলে যে, তেওঁ ৰাণাদিলক বিবাহ কৰাব বিচাৰে।
ৰাণাদিলে লিখিলে- মোৰ মাজত এনে কি আছে, যিয়ে সম্রাটক সন্তুষ্ট কৰিব পাৰে ? সম্রাটে উত্তৰত লেখিলে- তোমাৰ ঘনকৃষ্ণ কেশদামে মোক মুগ্ধ কৰিছে।
তৎক্ষণাৎ ৰাণাদিলে তাইৰ কেশ কৰ্ত্তন কৰি ঔৰঙ্গজেৱৰ ওচৰলৈ প্ৰেৰণ কৰি পত্ৰ লেখিলে-
জাহাঁপনা, এই
সেই সুন্দৰ কেশদাম, এয়াইতো
আপুনি পাবলৈ বিচাৰিছিল। মই শান্তিত জীৱন যাপন কৰিব বিচাৰো।
ঔৰঙ্গজেৱে আকৌ
লেখিলে- মই তোমাক বিবাহ কৰাব বিচাৰো। কাৰণ তোমাৰ ৰূপ অতুলনীয়। মই তোমাক মোৰ
অন্যতম সম্ৰাজ্ঞী বুলি ধাৰণা কৰিম। তুমি মোক চাহজাদা দাৰা বুলিয়ে কল্পনা
কৰা.......।
ৰাণাদিলে
ছুৰিকাঘাতত তাইৰ ধুনীয়া মুখমণ্ডল ক্ষত-বিক্ষত কৰি দিলে। তাৰ পাছত এটুকুৰা বস্ত্ৰত
তেজ লেপন কৰি ঔৰঙ্গজেৱৰ ওচৰলৈ পঠিয়াই দিলে। লগে লগে এখন পত্র লেখিলে- সম্রাটে যদি
মোৰ সৌন্দৰ্য আকাংক্ষা কৰি থাকে তেনেহ'লে সেই সৌন্দৰ্য আৰু মোৰ নাই। যদি সম্রাটে মোৰ তেজ আকাংক্ষা কৰি থাকে, তেনেহ'লে তেজলিপ্ত বস্ত্ৰত মোৰ তেজচিহ্ন দেখিবলৈ পাব। মই মোৰ ৰক্তপাত
কৰিবলৈ প্ৰস্তুত আছো যদি তেজে আপোনাৰ তৃপ্তি সাধন কৰে।
ঔৰঙ্গজেৱে ৰাণাদিলৰ
চিত্তৰ দৃঢ়তাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলে। কিছুদিন শোকাৱহ জীৱন যাপন কৰি মৃত্যুৰ
সিপাৰে ৰাণাদিল তাইৰ স্বামীৰ লগত মিলিত হ'ল। কাৰণ ৰাণাদিল আছিল ভাৰতবৰ্ষৰ দুহিতা, হিন্দু কন্যা।
দাৰাৰ কন্যা
ৰূপহী জানি বেগমক মোৰ ভগ্নী ৰোশন-আৰাৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। দাৰাৰ মৃত্যুৰ পাছত
ৰোশন-আৰা বিজয়িনীৰ গৌৰৱত এটি বিৰাট ভোজৰ আয়োজন কৰিছিল। ৰোশন-আৰা এই পিতৃ-মাতৃহীন
বালিকাৰ প্ৰতি অত্যন্ত নৃশংস ব্যৱহাৰ কৰিছিল। ফলত জানি বেগম দিনে দিনে শীর্ণ হৈ গৈ
আছিল। তাৰ পাছত এদিন
সম্রাট ঔৰঙ্গজেৱে তাইক আগ্ৰাৰ দুৰ্গত
মোৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। সিদিনা আছিল আন এটি আনন্দৰ দিন। আঙ্গুৰীবাগৰ উচ্ছ্বসিত
নিজৰাই সিদিনা মোৰ অতীত আনন্দৰ স্মৃতি স্মৰণ কৰাই দিছিল। বিহংগকূলে বহুদিন বিস্মৃত গানৰ সুৰ জগাই তুলিছিল। যিমান দিনলৈকে মোগল
ৰাজবংশৰ অগ্ৰজ ভ্ৰাতাসকলৰ এজনো জীৱিত আছিল সিমান দিনলৈকে ঔৰঙ্গজেৱৰ স্বস্তি
নাছিল। দুই বছৰৰ ভিতৰত সমগ্ৰ মোগল ৰাজবংশধৰসকলক বন্দী কৰা হৈছিল আৰু গোয়ালিয়ৰ দুৰ্গত
হত্যা কৰা হৈছিল। এই গোয়ালিয়ৰ দুৰ্গত ঔৰঙ্গজেৱৰ পৌত্র চুলতান মহম্মদকো পপীৰ চৰবত
পান কৰোৱা হৈছিল, কাৰণ
তাৰ আত্মসন্মানবোধ আছিল।
কোৰাণৰ
নিৰ্দ্দেশ “কোনো
মানুহক বিনা দোষত শাস্তি দিয়া উচিত নহয়।” ঘোষণা কৰা হ'ল-
মুৰাদ এসময়ত এজন নিদোষী ব্যক্তিক হত্যা কৰিছিল। অভিযোগকাৰী উপস্থিত হ'ল। মুৰাদ হত্যাৰ অপৰাধত দণ্ডিত হ'ল। মূৰাদৰ দোষ অনুসন্ধান কৰা আৰু সেয়া প্ৰমাণ
কৰা ঔৰঙ্গজেৱৰ প্ৰয়োজন আছিল।
পর্বতত, বন-জংঘলত বহু কষ্ট ভোগৰ পাছত চোলেমান
শুকো বিশ্বাসঘাতকৰ দ্বাৰা প্ৰতাৰিত হৈ ঔৰঙ্গজেৱৰ সন্মুখত উপস্থিত হ'ল। এই সুগঠিত সুঠাম তৰুণ যোদ্ধাই
যেতিয়া পিতৃ-হন্তাৰ সন্মুখত উপস্থিত হ'ল, তেতিয়া
অস্ফুট আলোড়ন সৃষ্টি হৈছিল আৰু অন্তেষপুৰত অৱগুণ্ঠনৰ মাজত বহু অশ্ৰুপাত হৈছিল।
চোলেমান আৰু সম্ৰাটৰ একেই তেজ আছিল। তেওঁক হত্যা কৰাৰ আগত পপীৰ চৰবত পানৰপৰা
মুক্তি দিব পৰা নগ'লহেঁতেননে
বাৰু?
এই বীৰ পুৰুষে
প্ৰাৰ্থনা কৰিছিল- খুৰা, মোক
হত্যা কৰা, কিন্তু
মোক পপীৰ চৰবত পান কৰিবলৈ নিদিবা,
তোমাৰ ওচৰত মই মাথোন এইখিনি অনুগ্রহ প্রার্থনা কৰো। ঔৰঙ্গজেৱে কোৰাণ
স্পৰ্শ কৰি প্ৰতিশ্ৰুতি দিছিল- তোমাক পপীৰ চৰত পান কৰিবলৈ দিয়া নহ'ব। কিন্তু প্রথম দিনাই গোয়ালিয়ৰ
দুৰ্গত চোলেমান শুকোক পপীৰ বিষাক্ত চৰৱত পান কৰিবলৈ দিয়া হৈছিল আৰু এমাহ পাছত
তেওঁক হত্যা কৰা হৈছিল।
কোনে যেন আগ্ৰাৰ
ওপৰেদি তীব্ৰ উষ্ণ বায়ু শৱ-আচ্ছাদনৰ বস্ত্ৰৰ দৰে বিস্তৃত কৰি দিছে। মই কাশ্মীৰ
পৰিদৰ্শনলৈ যোৱাৰ কাৰণে কিমানবাৰ আকাংক্ষা কৰিছোঁ। তাত দেৱদাৰু বৃক্ষ বনৰ
ৰক্ষীৰ দৰে পৰ্বত শিখৰত দণ্ডায়মান। হালধীয়া ৰক্তমুখী ওপেল বৰণৰ বন-পুষ্পৰাশি
সমগ্র বন ব্যাপী সিঁচৰতি হৈ আছে। সেই বন কেতিয়াও মানুহৰ তেজ পদক্ষেপত দলিত হোৱা
নাই। মই যদি তাত জাফৰাণ ও গোলাপ-বাীথি অতিক্ৰম কৰি পল্লৱাকীর্ণ বৃক্ষৰাজিৰ মাজেৰে
এটি সৰোবৰৰ তীৰ স্পৰ্শ কৰি পৰ্বত হৈ পৰ্বতান্তৰত ভ্ৰমণ কৰিব পাৰিলোহেঁতেন! পৰ্বতে
যেন কোনো বিৰাট ৰহস্য গোপন কৰিবলৈ আকাশৰ প্ৰচ্ছদপটত এক বিৰাট অৰ্গল ৰচনা
কৰিছে।এছাটি মৃদুমন্দ বায়ু স্রোত শুভ্ৰ তুষাৰৰ দেশৰপৰা ভাহি আহি পৰ্বতৰ ওপৰত
চিন্তাৰ আৱৰণ উন্মুক্ত কৰি দিয়ে। সেই বায়ু স্রোতে মোক এক নিৰৱচ্ছিন্ন আনন্দৰ
দেশলৈ লৈ যাব।
মোৰ বিনিন্দ্ৰ ৰজনীত
মই জাগ্রত সপোনৰ মাজত কিমানবাৰ ফতেপুৰ চিক্ৰী ভ্ৰমণ কৰি আহিছো। আজি ফতেপুৰ চিক্ৰী
আটাইতকৈ বেছি পৰিত্যক্ত— কিন্তু
মোৰ স্মৃতিৰ লগত ফতেপুৰ চিক্ৰীৰ গৌৰৱময় অংশবোৰ এতিয়াও সাঙোৰ খাই আছে। সম্রাট
আকবৰৰ স্বপ্নপুৰী ফতেপুৰ চিক্ৰী আৰু কোনোদিন তৈমূৰ বংশৰ অধিকাৰত জীৱনৰ স্পন্দন
অনুভৱ নকৰিব। পালন কৰ্ত্তা বিষ্ণুৰ স্তম্ভত ধ্বংসৰ দেৱতা শিৱই কেতিয়াও আসন
পৰিগ্ৰহ নকৰিব। বোধহয় এনে এদিন আহিব যিদিনা ভাৰতমাতাৰ সন্তান দিল্লীৰ সিংহাসনত
আৰোহণ কৰিব আৰু নৰপতি মন্দিৰৰ দুৱাৰত নিজৰ যুদ্ধ অস্ত্ৰ ত্যাগ কৰি মন্দিৰত প্ৰৱেশ
কৰিব। সেই মহান দেশে উপলব্ধি কৰিব........ একমেবাদ্বিতীয়ম্। -
একাদশ স্তৱক
(পাণ্ডুলিপিৰ
অংশবোৰ ছিন্ন-ভিন্ন ও অসংলগ্ন, ক'ৰবাত আকৌ সামান্য ঘটনাৰ ইংগিত মাথোন। পত্ৰবোৰ
পাণ্ডুলিপিৰ লগত একেলগে গঁথা নাছিল। মাজত বহুকেইটা পাত নাই। বোধহয় জাহানাৰাই
তেওঁৰ জীৱন কাহিনী নষ্ট কৰিবলৈ ইচ্ছা কৰিছিল আৰু কিছু ধ্বংস কৰিছিল, পাছত হয়তো মত
পৰিৱৰ্ত্তন কৰে আৰু অসংলগ্ন পাতবোৰ পাণ্ডুলিপিৰ কাষত ধৈ দিয়ে।)
মোৰ যদি ঘৃণা
কৰিবলৈ শক্তি থাকিলহেঁতেন তেনেহ'লে
সেই ঘৃণা ঔৰঙ্গজেৱৰ প্ৰাণ হৰণ নোহোৱালৈকে শান্ত নহ'লহেঁতেন— ঔৰঙ্গজেৱে
যে বহু নিৰপৰাধীৰ প্ৰাণ হৰণ কৰিছিল। উঃ! তেওঁয়ে তেওঁৰ পিতাৰো প্ৰাণনাশ কৰিব
খুজিছিল।
এবাৰ সম্ৰাট
জাহাংগীৰে নাছিৰ উদ্দিন খালজীৰ কবৰত পদাঘাত কৰিছিল আৰু আদেশ দিছিল- শতাব্দীৰ
ব্যৱধানত এই পিতৃহন্তাৰ শৱদেহৰ যি সামান্য অংশ অৱশিষ্ট আছে, সমস্ত খনন কৰা আৰু নদীৰ পানীত নিক্ষেপ
কৰা, কাৰণ সি তাৰ
পিতা মুবাৰক খালজীক পদাঘাতত হত্যা কৰিছিল।
যিজন মানুহ
প্ৰতিশোধৰ প্ৰেৰণাত উদ্দীপ্ত, তাৰ
জীৱন বিষময়। হে আল্লাহ! তুমি মোক ক্ষমা কৰিবলৈ শিকাই দিয়া। মোৰ মনৰপৰা
প্ৰতিহিংসাৰ প্ৰেৰণা দূৰ কৰি দিয়া।
সকলো নিঃশেষ হৈ
গৈছে; আলোক নুমাই গৈছে; ভোজৰ উৎসৱ শেষ হৈ গৈছে। আটায়ে গুচি
গৈছে। মই অকলে বাট বুলিছো। মোৰ সংগী নাই, মইযে ৰিক্তা।
মোৰ বাহিৰত
শূন্য, মোৰ অন্তৰতো
বিৰাট ৰিক্ততা। এই সমগ্ৰ জগতত শূন্যৰ বাহিৰে আৰু কি আছে ? মোৰ মনত পৰে মোৰ সহোদৰসকল শৈশৱত পুতলা
সৈন্যলৈ খেলা কৰিছিল। এদিন খেলাৰ সময়ত সিহঁতৰ পুতলাবোৰ ভূপতিত হ'ল, কিন্তু কেইটামান পুতলা-সৈন্য তেতিয়াও থিয় হৈ আছিল। তাৰে কোনোবাটো
আকৌ পৰি গ'ল
আৰু কোনোবাটো থিয় হৈ থাকিল। কিন্তু তাতে কি আহে যায়? সেয়াতো
পুতলা-খেল আছিল।
আমাৰ মাজৰ যিসকল
পৰি গৈছে আৰু যিসকল থিয় হৈ আছে,
সিহঁতৰ মাজত পাৰ্থক্য ক'ত? এইসকল
সকলো ভগবানৰ হাতৰ খেলৰ পুতলা নহয়নে বাৰু ?
মোৰ জীৱন—এটি ভগ্ন মুকুট। কিন্তু সেই মুকুটৰ
প্ৰতিটো বিক্ষিপ্ত অংশ পৰিপূর্ণ।
.. আনন্দ? সেয়াতো প্ৰাচীৰৰ গাত প্রতিফলিত
অন্তগামী সূৰ্যৰ ৰশ্মি মাথোন। নহয়নে বাৰু?
প্রতিটো মছজিদেই
একো একোটা কাৰাগাৰ, প্ৰতিটো
ৰাজপ্রাসাদে এটি এটি কাৰাগাৰ। যিসকলে ঈশ্বৰৰ নিৰ্দিষ্ট বাটত ঘূৰি ফুৰে— সিহঁতেই পৃথিৱীখন জয় কৰে।
মোৰ জীৱন বৰ্ষা-ঝঞ্জা-বিক্ষুব্ধ
এটি বৃক্ষপত্র মাথোন, অৱশিষ্ট
আছে মাথোন কেইটামান তন্তু। আজিও স্বৰ্গৰ নীলিমা সেই তন্তুৰ মাজেৰে আলোক স্ফূৰিত
কৰিব পাৰে নেকি ?
সম্রাট আলমগীৰ
পঞ্চপুত্ৰৰ পিতা। ঔৰঙ্গজেৱ তেওঁৰ পুত্ৰসকলৰ ভয়ত কম্পমান। চুলতান মহম্মদ ইতিমধ্যেই
কাৰাৰূদ্ধ। যিজন মানুহে এসময়ত যুদ্ধৰত সৈন্যসকলৰ মাজত থিয় হৈ আল্লাহৰ ওচৰত
প্ৰাৰ্থনা কৰিছিল, যিজন
মানুহ মৃত্যুৰ মুখত থিয় হৈও হাতীৰ পিঠিৰপৰা অৱতৰণ কৰা নাছিল— আজি তেওঁৰ মেৰুদণ্ড শাস্তিৰ ভয়ত
ক্রীতদাসৰ দৰে অৱনমিত হৈ পৰিছে।
* * *
এদিন মই মীৰা
বাঈৰ উদ্দেশ্যে ৰচিত তানচেনৰ এটি গান শুনি সাৰ পাই উঠিছিলো। আঙ্গুৰীবাগৰপৰা এথোপা গোলাপ
আনি কোয়েলে মোক উপহাৰ দিছিল, সিদিনা
আছিল মোৰ শান্তিৰ মুহূৰ্ত। হাজীৰে আহি মোক সংবাদ দিছিল যে, ঔৰঙ্গজেৱে
বুন্দীৰাজ ছত্রশালৰ পুত্ৰ ৰাও ভাওক মার্জনা কৰিছে। ৰাও ভাওৰ মৃত পিতাৰ প্ৰতি ঘৃণা
প্রণোদিত হৈ ঔৰঙ্গজেৱে তেওঁক বহু শাস্তি প্ৰদান কৰিছিল। আজি পুণ্যকীৰ্ত্তি
ছত্ৰশালৰ পুত্ৰ ৰাও ভাওক ঔৰঙ্গাবাদৰ শাসনকৰ্তা নিযুক্ত কৰা হৈছে। মই কেতিয়াও সেই
কথা পাহৰিব নোৱাৰিম। মই পাহৰিব নোৱাৰিম সেই অপমান।এয়া যে মান দি অপমান।
* * *
মই সেই কথা জানো, ঔৰঙ্গজেৱে অন্ততঃ এজনক ভাল পাইছিল। এবাৰ
জৈনাবাদীৰ মৃত্যুত ঔৰঙ্গজেৱে অশ্রু বিসর্জন কৰিছিল। জৈনাবাদী প্ৰেমৰ খেল খেলি
সংগীতৰ মাজেৰে ঔৰঙ্গজেৱৰ হৃদয়ৰ গুপ্ততম কক্ষত প্ৰৱেশ কৰিছিল। প্ৰেমৰ কাৰণে ঔৰঙ্গজেৱৰ
স্বাৰ্থ ত্যাগৰ ক্ষমতা পৰীক্ষাৰ উদ্দেশে এদিন জৈনাবাদীয়ে প্ৰেমৰ ছলত তেওঁক সুৰাৰে
অভ্যর্থনা কৰিছিল। জৈনাবাদীৰ প্ৰেমত ঔৰঙ্গজেৱে অন্ততঃ কেইটামান মুহূৰ্ত্তৰ কাৰণে
বিশ্বজগত পাহৰি যাব পাৰিছিল। মই প্ৰেমময়ী জৈনাবাদীক চিৰদিন স্মৰণ কৰিম।
* * *
পিতা অসুস্থ— এদিন পিতাৰ মৃত্যু হ'ব। কিন্তু মই মোৰ হাতীবোৰ এতিয়াও দান
কৰিবপৰা নাই। মই মোৰ ক্রীতদাসসকলক মুক্তি দিবপৰা নাই; কাৰণ সিহঁতৰ মুক্তিয়ে হয়তো সম্রাটক
ৰোগমুক্ত কৰিব পাৰে৭৫। মই কিন্তু পিতাৰ ৰোগ মুক্তি নিবিচাৰো। এতিয়া মই মৃত্যুক তেওঁৰ
আত্মাৰ মুক্তিদাতা হিচাপে আমন্ত্ৰণ জনাইছো।
মোৰ সহোদৰ
ভ্ৰাতা ঔৰঙ্গজেৱে প্ৰায়ে পিতাৰ ওচৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁৰ ইচ্ছা নাছিল যে, প্ৰজাবৰ্গই তেওঁক কঠোৰচিতীয়া বুলি আখ্যায়িত
কৰক। বৃদ্ধ সম্রাটে বহু কথাই পাহৰিব পাৰিছে— কিন্তু তেওঁ কেতিয়াও ঔৰঙ্গজেৱক ক্ষমা কৰিব পৰা নাই। কাৰণ দাৰাৰ
ৰক্তাক্ত ছিন্নমুণ্ড এসময়ত তেওঁৰ ওচৰলৈ প্ৰেৰিত হৈছিল, সেয়া তেওঁ বিস্তৃত হ'বপৰা নাই। তাৰ পাছত সেই মুণ্ড দুৰ্গৰ
বিপৰীত দিশত তাজমহলত প্রোথিত কৰা হৈছিল— সেই তিক্ত স্মৃতি আজিও চাহজাহানে পাহৰিবপৰা নাই। ঔৰঙ্গজেৱৰ বহু অনুৰোধ
সত্ত্বেও সম্রাটে তেওঁক মুকুটমণিৰ সন্ধান দিয়া নাছিল।
বহু শতাব্দী আগত
মহম্মদ তোঘলক দিল্লীৰ সম্রাট আছিল। তেওঁ তেওঁৰ নৃশংস কামৰ দ্বাৰা প্ৰজাৰ হৃদয়ত ভীতি সঞ্চাৰ
কৰিছিল। শেষ বিচাৰৰ দিনা মহম্মদ তোঘলকৰ দূস্কৃতিৰ প্ৰায়শ্চিত্তৰ কথা ভাবি
ফিৰোজ শাহে মহম্মদ তোঘলকৰ নিৰ্যাতিত শক্ৰসকলৰ প্ৰতি অত্যন্ত সদয় ব্যৱহাৰ কৰিছিল
আৰু সিহঁতৰ দ্বাৰা এটি মার্জনা পত্র লেখাইছিল। সেই পত্ৰ তেওঁ মদিনাত মহম্মদৰ
সমাধ্যি গম্বুজৰ কাষত ৰাখি দিছিল। শেষ বিচাৰৰ দিনা অত্যাচাৰীৰ মাৰ্জনাপত্রই হয়তো
আল্লাহৰ ওচৰত ক্ষমা যাচ্ঞা কৰিব। পত্ৰখন এতিয়াও তাত সংৰক্ষিত আছে।৭৬
* * *
মই যদি
কেতিয়াবা কাৰামুক্ত হওঁ আৰু ঔৰঙ্গজেৱে মোৰ উপদেশ বিচাৰে, তেতিয়া মই তেওঁক পাপৰ প্ৰায়শ্চিত্ত
কৰিবলৈ উপদেশ দিম। তেওঁৰ নির্যাতিত শত্ৰুৰ মাজত বহুতেই মোৰ নিকটতম ও প্রিয়তম আত্মীয়
আছিল। সিহঁতৰ হৈ মই ঔৰঙ্গজেৱক ক’ম-
ৰাজ্যলাভৰ আশাত আৰু ৰক্তপাত নকৰিবা। দানৱৰ দুৰ্গ ধাৰণা কৰি কেতিয়াও হিন্দুৰ
মন্দিৰ ধ্বংস নকৰিবা। বিজয়ী ইছলাম জ্ঞানৰ আলোকত মূৰ্ত হৈ উঠক। ধ্বংসৰ মাজেৰে ইছলামৰ শকট পৰিচালিত
নকৰিবা।
মই তেওঁক আনন্দ মনেৰে এটি বস্তু দান কৰিলোহেঁতেন, সেই বস্তুৰ শক্তিয়ে তেওঁক বিভীষিকাৰ ৰাজ্য
অতিক্ৰম কৰাৰ কাৰণে শক্তি দিলেহেঁতেন। যদি এই সম্ৰাটৰ চিত্তবৃত্তি অন্যপ্রকাৰৰ হ'লহেঁতেন, তেনেহ'লে
এই তীক্ষ্ণবুদ্ধি, অদম্য
অধ্যৱসায়ী ৰাজকুমাৰ কিমান মহৎ হ'ব
পাৰিলেহেঁতেন! মই তেওঁৰ অন্তৰত দেখিবলৈ পাইছো শুদ্ধ সত্ত্বাৰ অস্পষ্ট ছাঁ। নীৰৱ
গাভীৰ অনুতাপৰ ক্ষীণ আলোক ৰেখা আৰু সেই ক্ষীণ আলোকৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ হাদয়ত
ভগ্নী-প্রীতি সঞ্চাৰিত কৰিম।
* * *
আমাৰ পিতাৰ
মৃত্যু হৈছে। এটি আলোক শিখা পৃথিবীৰপৰা বিচ্ছিন্ন হৈ গ'ল, সেই আলোক শিখা অদৃশ্যলোকত পুনৰ জ্বলি উঠিব। পিতাৰ দেহ লৈ গৈছে সেই শ্বেতমৰ্মৰ প্ৰাসাদলৈ- য'ত
আমাৰ মাতাই তেওঁৰ কাৰণে অপেক্ষা কৰি আছে। প্রতিদিন সন্ধিয়া তেওঁলোকৰ সমাধিত
তেওঁলোক দুজনৰ কাৰণে আলোক জ্বলি উঠিব, দুজনৰ কাৰণেই কোৰাণ আবৃত্তি কৰা হ'ব।
* * *
মই মোৰ
আত্মজীৱনী নষ্ট কৰিম?
নাই নাই, কিয় নষ্ট কৰিম? এই আত্মজীৱনী মোৰ ৰুদ্ধ কাৰা জীৱনৰ
দিনবোৰৰ লগৰী। এয়া যে মোৰ বুকুৰ তেজেৰে লিখা, ইয়াত যে মোৰ দুলেৰাৰ স্মৃতি জড়িত হৈ আছে, ইয়াৰ প্ৰতিটো শব্দ যে মোৰ অন্তৰৰ
প্ৰতিধ্বনি; মই আজি
সম্রাট বাবৰৰ কথাবোৰ স্মৰণ কৰিছোঁ- মোৰ আপোন আত্মাৰ দৰে বিশ্বস্ত বন্ধু মই
কেতিয়াও পোৱা নাই। মোৰ নিজৰ অন্তৰৰ বাহিৰে মই কোনো নিৰ্ভৰযোগ্য স্থান পোৱা নাই। মই
জেচমিন প্রাসাদৰ শিলৰ তলত এই ছত্ৰবোৰ গচ্ছিত ৰাখি যাম। হয়তো সুদূৰ ভৱিষ্যতে কোনোবা
এদিন জেচমিন প্রাসাদ ধ্বংস হৈ যাব,
তেতিয়া মোৰ এই আত্মজীৱনী পাথৰৰ ধ্বংসস্তূপৰ মাজত মানুহৰ দৃষ্টিগোচৰ
হ'ব। মানুহে জানিব— সম্ৰাট ছাহজাহানৰ কন্যাৰ দৰে দীনা, ৰিক্তা আৰু কোনো নাছিল।
* * *
তাজমহল গমনৰ
বাটত ঔৰঙ্গজেৱে যিটো মছজিদ নিৰ্মাণ কৰাইছিল, তাক মই মূল্যবান ঝালৰ আৰু গালিচাৰে শোভিত কৰিছোঁ। মই দুৰ্গৰ
অভ্যন্তৰত ঔৰঙ্গজেৱৰ লগত সাক্ষাৎ কৰিবলৈ প্ৰস্তুত হৈছোঁ। মই তেওঁৰ
কাৰণে লগত লৈ যাম মণিমুক্তাপুর্ণ এটি স্বর্ণপাত্র; সেয়া তেওঁৰ বহুদিনৰ গচ্ছিত ধন। আৰু লগত নিম ক্ষমা- যি ক্ষমা তেওঁ
বহুদিন পিতাৰ ওচৰত যাচ্ঞা কৰিছিল,
কিন্তু পিতাই তেওঁক সেই ক্ষমা কৰা নাই। মই পিতাৰ হৈ তেওঁক ক্ষমা
কৰিম। মই তেওঁৰ ওচৰত এখন পত্ৰ লিখিছোঁ। সেই পত্ৰত আমাৰ মুমূর্ষু পিতাৰ শেষ ইচ্ছাৰ
কথা তেওঁৰ পুত্ৰৰ ওচৰত মোৰ ভাষাত মই লিখিছোঁ। মৃত্যুৰ পূৰ্বে স্নেহৰ পিতাই তেওঁৰ
পুত্ৰক এবাৰ চাবলৈ আকাংক্ষা কৰিছিল।
মৃত্যুৰ পাছত
চাহজাহানৰ মৃতদেহ দুৰ্গৰ পিছফালৰ প্ৰাচীৰ ভগ্ন কৰি দ্বাৰ উদ্ঘাটন কৰি দিনৰ পোহৰৰ
আগতেই বিনা সমাৰোহে লৈ গৈছে। ঔৰঙ্গগজেৱৰ ভয় আছিল যদি প্রজাবৃন্দই সিহঁতৰ স্নেহময়
সম্ৰাটৰ মৃতদেহ দৰ্শন কৰি ক্ষুব্ধ হৈ বিদ্রোহ কৰে। ঔৰঙ্গজেৱ সদা শংকিত। মই তেওঁক
ক্ষমা কৰিম।
* * *
মই পুষ্পৰ
নিৰ্বাসেৰে মোৰ কেশদাম সিক্ত কৰি ল'ম। মোৰ সমস্ত অংগ-প্ৰতংগ
যুথিৰ স্নেহ দি অনুলেপন কৰি ল'ম। তাৰ পাছত মই
এটুকুৰা শুভ্ৰ শাৰী পৰিধান কৰি মোৰ ভ্ৰাতাৰ লগত সাক্ষাৎ কৰিম।
সিদিনা হ'ব ভ্রাতা-ভগ্নী
মিলনৰ পুণ্য দিৱস। মনত পৰিছে, গোয়ালিয়ৰ দুৰ্গত আমাৰ পিতাৰ বংশধৰসকলৰ মস্তিষ্কৰ
শক্তি বিলোপ কৰাৰ কাৰণে ঔৰঙ্গজেৱে পানপাত্ৰত বিহ মিশ্ৰিত কৰিছিল। ময়ো কিন্তু
তেওঁক এটি পানপাত্র দিম। কিন্তু সেই পানপাত্ৰত বিহ নাথাকিব- থাকিব ঘৃণা ও বাসনা
বিনষ্ট কৰা অমৃতধাৰা। সেই পানপাত্ৰৰপৰা যি ধাৰা নিঃসৃত হ'ব তাৰ নাম হ'ব দুঃখ। ঔৰঙ্গজেৱ! মোৰ ফালৰপৰা তোমাৰ
আৰু ভয়ৰ কোনো হেতু নাই।
কোনো বিহপানেই
মোক হত্যা কৰিব নোৱাৰিব। অযথা মই আত্মহত্যা নকৰিম। মোৰ চৌপাশে অখণ্ড নীৰৱতাৰ
ৰাজত্ব ৰচিত হ'ব।
মই বিতৰণ কৰিম শান্তি, যি
শান্তি মানুহে আকাংক্ষা কৰে সমাধিৰ কাষত। সেই সমাধিত আজিও মৰ্মৰ সৌধৰ কাষত গোলাপ
গোন্ধ সিঁচৰতি হৈ পৰিছে।
শাৰোদোৎসৱত ভাৰত
ললনাই দেৱতাৰ অৰ্ঘ্যৰূপে নদীৰ জলস্রোতত প্ৰদীপ উটুৱাই দিয়ে— ময়ো কালৰ নদীত দিব্যশক্তিৰ সোঁতত
উটুৱাই দিম মোৰ অন্তৰৰ আলোক শিখা।
* * *
-সমাপ্ত-
টোকা ।।
১. মোগল সম্রাটসকলৰ অসীম হাতী আৰু
অশ্বপ্রীতি আছিল। প্ৰতিটো ৰাজকীয় হাতীৰ নামকৰণ কৰা হৈছিল। একমাত্র সম্রাট পৰিয়ালৰ হাতীৰ
দ্বাৰা যুদ্ধ কৰাৰ অধিকাৰ আছিল। হাতী ৰাজোপহাৰৰ অন্যতম প্রধান অংশ আছিল। পৰাজিত শত্ৰুৰ
সম্পদৰ মাজৰ পৰা হাতী সম্রাটৰ অৱশ্য প্রাপ্য আছিল। আকবৰৰ হাতীৰ নাম আছিল ফিল-ই-ইলাহী
(আল্লাহৰ হাতী), জাহাঙ্গীৰৰ
হাতীৰ নাম আছিল নূৰ-ই-ফিল(হাতীৰ আলো), দাৰা শুকোৰ হাতীৰ নাম আছিল ফতেজঙ্গ(যুদ্ধ বিজয়ী)|
২. কথিত আছে যে, এজন পরিব্রাজকে মোগল ৰাজবংশধৰসকলৰ হাত
পৰীক্ষা কৰি সকলো ৰাজকুমাৰৰ ভৱিষ্যত কৈ দিছিল। ঔৰঙ্গজেৱক কৈছিল- তুমি হ' বা তৈমুৰ বংশৰ বিনাশকৰ্ত্তা। মোগল সম্রাটসকলে
জ্যোতিষ শাস্ত্র আৰু সামুদ্রিক বিচাৰ বিশ্বাস কৰিছিল। এনেকি যুদ্ধযাত্ৰাৰ আগত
নক্ষত্ৰৰ গতি বিধিৰ ওপৰত সৈন্য চালনা নিৰ্ভৰ কৰিছিল। ৰাজবংশৰ সকলো সন্তানৰ জন্মকুণ্ডলী ও কোষ্ঠী
তৈয়াৰ কৰা হৈছিল।
৩. অভিজাত মুছলিম পৰিয়ালত সমাধিৰ কাষত
কোৰাণ আবৃত্তি কৰাৰ কাৰণে লোক নিযুক্ত কৰা হয়। সুৰ-লয় সমন্বিত কোৰাণ আবৃত্তিৰ
সুৰ দুৰৰপৰা সংগীতৰ দৰে শুনা যায়।
৪. দাৰা শুকোক নিরীশ্বৰবাদী অপবাদ দি
বিচাৰ কৰা হৈছিল। মুছলিম ৰীতি অনুসারে নিৰীশ্বৰবাদীৰ মৃত্যুদণ্ডৰ বহু উদাহৰণ আছে।
কিন্তু সেই দণ্ডৰ বৈদতা সম্পর্কে মতভেদ আছে। দাৰা যে ঈশ্বৰ বিশ্বাসী আছিল এই
বিষয়ে সন্দেহৰ অৱকাশ নাই।
৫ মোগল আমোলত রাজবংশৰ সন্তানসকলক বহু
সময়ত গোয়ালিয়ৰ দুৰ্গত বন্দী কৰি ৰখা হৈছিল। গোয়ালিয়ৰ দূৰ্গ দেখিবলৈ প্রায়
ইংল্যাণ্ডৰ “টাওয়ার
অফ লণ্ডন” অথবা
ফ্ৰান্সৰ বাস্তিল দুৰ্গৰ অনুৰূপ আছিল। মোগল ৰাজবংশৰ সন্তানসকলক বহু সময়ত হত্যা
নকৰি অলপ অলপকৈ আফিংৰ ৰস পান কৰিবলৈ দিয়া হৈছিল। আফিঙৰ ৰস শৰীৰত প্ৰৱেশ কৰি
বুদ্ধিভ্ৰংশ কৰি দিছিল। ক্ৰমশঃ অনুভূতি অস্পষ্ট হৈ পৰিছিল। আফিঙৰ বিষত জৰ্জৰিত
মানুহৰ জীৱন মৃত্যুতকৈও অধিক কষ্টদায়ক আছিল। তুর্কি জাতিৰ মাজতো এই আফিং বিষ
প্রয়োগৰ বহু দৃষ্টান্ত পোৱা যায়। তুৰস্কত ওছমান আলীৰ বংশত প্রবাদ প্রচলিত আছিল-
ৰাজবংশত কোনো আত্মীয় নাই। ৰাজবংশত একাধিক ভাতৃৰ জন্ম অমংগলসূচক হিচাপে বিবেচনা
কৰা হৈছিল।
৬. আগ্ৰা ৰাজপ্রাসাদৰ অন্তঃপুরবাসীসকলৰ
কাৰণে নির্দিষ্ট দেওয়ান-ই-আমৰ সিপ্ৰান্তত সংলগ্ন উদ্যান।
৭. মোগল ৰাজপ্রাসাদৰ সাধাৰণ দৰবাৰ
কক্ষ।
৮. ছাহজাহানৰ বিশ্বস্ত ৰাজপুত সামন্ত
বুন্দীৰাজ ছত্রশালৰ ছদ্মনাম।
৯. মোগল স্থপতিত প্ৰাচীৰ আৰু খিড়িকিৰ
কাষত শিল নাইবা মচলা দি তৈয়াৰী জালৰ কাম- অপৰিৱর্তনীয় পর্দাৰ দৰে ব্যৱহাৰ কৰা
হয়।
১০.মহাভাৰতত বর্ণিত ৰজা নল- দময়ন্তীর
স্বামী। সয়ম্বৰ সভাত দেৱতাক উপেক্ষা কৰি দময়ন্তীয়ে নলক স্বামী হিচাপে বৰণ
কৰিছিল। জাহানাৰা হিন্দু শাস্ত্ৰত পাৰদৰ্শীনি আছিল। তেওঁৰ জীৱনীত হিন্দু শাস্ত্ৰ আলোচনাৰ
বহু পৰিচয় পোৱা যায়।
১১. ঔৰঙ্গজেৱে সংগীত নিষিদ্ধ কৰাৰ পাছত
সংগীত শিল্পীসকলে এদিন এক শৱযাত্রা বাহিৰ কৰিছিল। কৌতুহলী হৈ যেতিয়া ঔৰঙ্গজেৱে
প্রশ্ন কৰিছিল। কাৰ শৱযাত্রা? তেতিয়া
উত্তৰত কৈছিল- সংগীতৰ। ঔৰঙ্গজেৱে তেতিয়া কৈছিল- কবৰ যেন ভালদৰে দিয়া হয়।
১২. চুফী পৰিভাষাত সুৰা প্ৰেমৰ আন এক
নাম।
১৩. কথিত আছে যে, শাহ শুজাৰ প্রমোদ কক্ষৰ কাষেৰে
প্রতিদিন সন্ধিয়া এক সহস্র নাৰীয়ে পথ অতিক্ৰম কৰিছিল। সেই দৃশ্যই হেজাৰ নয়ন চৰিতার্থ
কৰিছিল।
১৪.মোগল ৰাজবংশত জ্যোতিষ চৰ্চাৰ খুবেই
প্ৰসাৰ আছিল। জীৱনৰ প্রত্যেক ঘটনা ব্যাখ্যাৰ কাৰণে ৰাজ জ্যোতিষক আহ্বান কৰা হৈছিল।
এদিন এটি কৃষ্ণ বৰণীয়া সাপৰ মূৰত এটি ক্ষুদ্র শ্বেত সৰ্প ৰাজপুৰীৰ প্ৰাঙ্গণত দেখা
দিছিল। এই অদ্ভুত দৃশ্য ব্যাখ্যাৰ কাৰণে ৰাজ জ্যোতিদীক আহ্বান কৰা হৈছিল। জাহানাৰাৰ
আত্মকাহিনীত সেই ঘটনাৰে ইংগিত দিয়া হৈছে।
১৫.মোগল ৰাজবংশত হিন্দুৰ ৰাখীবন্ধন
উৎসৱ সাদৰে পালন কৰা হৈছিল। প্ৰত্যেক বছৰ নিকট আত্মীয় বা প্রিয়জনৰ লগত সাখ্যতার
চিহ্নস্বৰূপ ৰাখী প্ৰেৰণ কৰি বিশেষ সম্বন্ধ স্থাপন কৰা হৈছিল। বুন্দেলা পৰিয়ালৰ লগত এইদৰেই তৈমূৰ পৰিয়ালৰ
প্ৰীতিৰ বন্ধন গঢ়ি উঠিছিল। ছত্রশাল বুন্দেলা জাহানাৰাৰ ৰাখীবন্ধন
ভায়েক আছিল।
১৬. চাহজাদা ছাহজাহানে সম্রাট
জাহাংগীৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি চিতোৰৰ সাহায্য ভিক্ষা কৰিছিল, চিতোৰৰ ৰাণাই তেওঁক সাহায্য প্রদান
কৰিছিল।
১৭. যোগিনীপুৰ পৃথিৰাজৰ ৰাজধানীৰ নাম।
১৮. চিতোৰৰ প্ৰধান সামন্ত নগৰ
সালুস্ত্ৰ।
১৯. সূর্যদ্বাৰ চিতোৰ দুৰ্গৰ বৃহত্তম
দ্বাৰ।
২০. ৰাণা কুম্ভই বিজয়ৰ চিহ্ন স্বৰূপ
যি স্তম্ভ নির্মাণ কৰিছিল সেয়া চিতোৰত বৰ্তমানেও বিদ্যমান।
২১.চিতোৰ অভিযানৰ সময়ত আকবৰক
বিভ্ৰান্ত কৰিছিল দুজন ৰাজপুত বীৰ পুট্টা আৰু জয়মলে। তেওঁলোকৰ মৃত্যুৰ পাছত সম্রাট আকবৰে
তেওঁলোকৰ স্মৰণত বিৰাট স্মৃতিস্তম্ভ নির্মাণ কৰাইছিল। তেওঁলোকৰ মৃত্যুৰ পাছত সমস্ত
ৰাজপুত নাৰী জহৰব্ৰত কৰি অগ্নিকুণ্ডত প্রাণ বিসর্জন দিছিল।
২২. সম্রাট আকবৰৰ বিধান আছিল চাঘতাই
বংশৰ ৰাজকুমাৰীৰ বিবাহ নহ'ব-
পাৰিবাৰিক মনোমালিন্য কমোৱা আৰু সিংহাসনৰ কাৰণে প্ৰতিদ্বন্ধিতাৰ পৰিসৰ সংকীৰ্ণ
কৰাই ইয়াৰ উদ্দেশ্য আছিল। অৱশ্যে আকবৰৰ সেই উদ্দেশ্য সফল হোৱা নাছিল। সিংহাসনৰ
কাৰণে যুদ্ধ কৰি মোগল বংশ ধ্বংস হৈ গৈছিল।
২৩.শিকামোৰ বৃক্ষ চিৰ সেউজীয়া, প্রতিদিন তাৰ তৰুণ শাখা শুকাই যায়, আকৌ নতুন পাত গজে। এই বৃক্ষ ভাৰতত দেখা
নাযায়।
২৪.বেগম নূৰজাহানে ভাৰতবৰ্ষত নাৰীসকলৰ
কাৰণে প্ৰথম কাঁচুলী(বডিচৰ দৰে চোলা প্রৱর্তন কৰে। তেওঁ বাদলকিনাৰী ওড়না, খোৱা মেজৰ দস্তৰখানাৰ (চাদৰ ব্যৱহাৰ
আৰম্ভ কৰে আৰু আঁতৰৰ পুনঃপ্রবর্তন কৰে।
২৫. জনশ্রুতি আছিল, এই কথা অৱশ্যে সঁচা নহয়। শত্রুৰ
নিন্দা মাথোন। অৱশ্যে ছত্রশালৰ আছিল অপূর্ব সংগীত প্রীতি ও জ্ঞান আছিল।
২৬.নাদিৰা বেগম জাহাংগীৰৰ পুত্ৰ পাৰভেজৰ
কন্যা আৰু দাৰাৰ পত্নী।
২৭. হায়াৎ-বক্স বাগ অর্থাৎ প্রাণ
দায়িনী উদ্যান। ফুলৰ কাৰণে বিখ্যাত, তাত বহু পানীৰ ফোয়াৰা আছিল, প্ৰতিটো ফোয়াৰা বিভিন্ন বৰ্ণৰ প্ৰস্তৰমণ্ডিত আছিল। কোনোবাটো ৰঙা, কোনোবাটো নীলা, কোনোবাটো আকৌ সেউজীয়া। বর্ণ সমাৱেশৰ
কাৰণে জলকণাই বিভিন্ন বর্ণ পৰিগ্রহ কৰি অপুৰ্ণ শ্রীমণ্ডিত হৈছিল। গ্ৰীষ্মৰ দিনত
পুৰনাৰীসকলে এই উদ্যানত ভ্ৰমণ কৰি ক্লান্তি দূৰ কৰিছিল।
২৮. মোগল ৰাজকুমাৰীৰ ব্যয়ৰ কাৰণে গাঁও, পরগণা অথবা বাণিজ্য শুল্ক নির্ধাৰিত
আছিল। জাহানাৰাৰ আছিল চুৰাটৰ বাণিজ্য শুল্ক।
২৯. চাঘতাই মোগল বংশৰ লগত হিন্দু তেজৰ ধাৰাৰ
সংমিশ্ৰণৰ ইংগিত কৰা হৈছে।
৩০. মহতাব বাগ-চন্দ্রলোক উদ্যান। মহতাব
অর্থাৎ চন্দ্র। এই বাগিচাৰ সকলো ফুল আছিল শুভ্র বর্ণ। মোগল ৰাজ অন্তঃপুৰৰ বিভিন্ন
বাগিচাৰ ফুলবোৰ আছিল বিভিন্ন বৰণৰ। বাগিচাৰ অভ্যন্তৰত বিশ্রামাগাৰ আছিল, তাত বিভিন্ন বৰণৰ পোহৰৰ ব্যৱস্থা আছিল।
আলোকচ্ছটা প্ৰতিফলিত হৈ ফুলবোৰে বিভিন্ন বৰণ ধাৰণ কৰিছিল। বিভিন্ন ঋতুত বিভিন্ন
বাগিচা ব্যৱহাৰ কৰা হৈছিল; কাৰণ
ফুলৰ বৰণৰ ওপৰত নিৰ্ভৰ কৰিছিল বাগিচাৰ সৌন্দৰ্য আৰু সম্ভোগৰ আনন্দ।
৩১.মুয়াজ্জাম অর্থাৎ সন্মানৰ পাত্র।
৩২.সম্রাট আকবৰৰ প্ৰচাৰিত ধর্ম।
৩৩.ঝারোখা-ই দর্শন- মোগল সম্রাটে
প্রতিদিন প্রভাতত পূর্বমুখী বাৰাণ্ডাত থিয় হৈ প্রজাবৰ্গক জনাই দিছিল যে, তেওঁ জীৱিত। প্রজাবৰ্গই তেওঁক
দিল্লীশ্বৰো বা জগদীশ্বৰো বা বুলি অভিনন্দন জনাইছিল। ঔৰঙ্গজেৱে এই প্রথা নিষিদ্ধ
কৰে, কারণ এই প্রথাত
তেওঁ মূৰ্ত্তি পূজাৰ গোন্ধ পাইছিল।
৩৪. খলিলুল্লাহ খাঁৰ স্ত্ৰী আৰু
ছাহজাহনৰ সম্বন্ধলৈ নানা ধৰণৰ কুৎসা প্রচাৰিত আছিল। ব্যক্তিগত অপমানৰ প্ৰতিশোধৰ
কাৰণেই খলিলুল্লাহ খাঁই ছাহজাহানৰ বিৰুদ্ধাচাৰণ কৰিছিল।
৩৫.তুৰ্কীৰ চুলতান বায়াজেদে তৈমুৰৰ
লগত যুদ্ধ কৰিছিল আৰু পৰাজিত হৈছিল। তৈমূৰৰ সেনাদলৰ ভূষণ আছিল ক'লা। ক'লা ৰঙক
মোগল বাদচাহসকলে জয়ৰ প্ৰতীক হিচাপে গণ্য কৰিছিল।
৩৬. বুলন্দ অর্থাৎ বৃহৎ। ফতেপুৰৰ
প্রাসাদ তোৰণৰ নাম। এই তোৰণৰ মাজেৰে সাতটা হাতী ওচৰাউচৰিকৈ প্ৰৱেশ কৰিব পাৰিছিল।
এই তোৰণৰ নিৰ্মাণ কৌশল অপূর্ব।
৩৭.ইবাদতখানা— প্রার্থনালয়; ফতেপুৰ চিক্ৰীত আকবৰৰ ধর্মসভা।
প্রত্যেক বৃহস্পতিবাৰে সূৰ্যাস্তৰ পৰা শুক্ৰবাৰৰ নামাজৰ পাছলৈকে সভাৰ অধিৱেশন
বহিছিল। যত ধর্ম, বিজ্ঞান, দর্শন, ইতিহাস, জ্যোতিষ
প্রভৃতি শাস্ত্ৰ আলোচনা হৈছিল।
৩৮.খশ্ৰুৰ পুত্ৰ দাৰাবক্সে প্রাসাদ
ত্যাগ কৰি ফকিৰীলৈ গীত গাই ফুৰিছিল। বোধহয় জাহানাৰাই তেওঁৰ গীতৰ বিষয়ে ইংগিত
কৰিছে।
৩৯.
আকবৰে মহিষীসকলৰ লগত এই প্রাঙ্গণত কড়ি খেলিছিল।
৪০. “গ্ৰামণী” ভাৰতৰ
গ্ৰামাঞ্চলৰ প্ৰত্যেক অঞ্চলত গ্ৰামণী শাসন ব্যৱস্থা আছিল। গ্রাম বৃদ্ধ অথবা
গ্রামণী গ্রামবাসীৰ কল্যাণৰ কাৰণে দায়ী আছিল, সেয়ে তাৰ সদা জাগ্রত দৃষ্টি গ্রামবাসীৰ মংগল সাধনত নিয়োজিত আছিল।
৪১. পাঁচমহল প্রাসাদ বৌদ্ধ বিহাৰৰ
স্থপতি ৰীতি অনুসাৰে নিৰ্মিত হৈছিল। সম্রাট আকবৰে সর্বধর্ম সমন্বয়ৰ পটভূমি ৰূপে
শিল্প সমন্বয় কৰিবলৈ যত্ন কৰিছিল।
৪২. কানিবুল উদ্যান চমৰকন্দৰ
সর্বশ্রেষ্ঠ প্রমোদ উদ্যান।
৪৩. সৰ-ই-আচবাৰ দাৰা শুকোৰ সংকলিত
উপনিষদৰ সাৰ সংগ্রহ। ১৬৬৫ খ্রীষ্টাব্দত লিখিত হৈছিল। এই গ্ৰন্থত হিন্দু-মুছলিম
সমন্বয়ৰ চেষ্টা কৰা হৈছে।
৪৪. বাদায়ুনীয়ে কৈছে, সম্রাট আকবৰে হিন্দুযোগ ও বৌদ্ধ তন্ত্ৰ
আলোচনা ও অভ্যাস কৰিছিল আৰু অলৌকিক শক্তি সঞ্চয় কৰিছিল। আকবৰৰ শয়ন কক্ষৰ সন্মুখত
এটি দোলনাত বহি চূফীসকলে যোগাভ্যাস কৰিছিল। পুৰুষোত্তম আৰু দেবযানী নামৰ দুজন সাধক পুৰুষে আকবৰৰ যোগ চৰ্চাত সাহায্য কৰিছিল।
৪৫.চাঘতাই— এচিয়াৰ বনানী শোভিত পর্বত উপত্যকা পথ।
৪৬. মোগল জাতিৰ দুটা শাখা। এটা সোণালী
শাখা আনটো কৃষ্ণশাখা নামে ইতিহাসত পৰিচিত। সোণালী শাখাৰ লগত বেলেগ কোনো তেজৰ
মিশ্ৰণ হোৱা নাই। কৃষ্ণ শাখা নানা জাতিৰ লগত মিহলি হৈ বিভিন্ন দেশত বিভিন্ন নাম
পৰিগ্ৰহ কৰিছে।
৪৭. খয়ৰাতপুৰা- অনাথ আশ্রম। আকবৰ
সন্যাসীসকলৰ কাৰণে যোগীপুৰা, ভিক্ষুকসকলৰ
কাৰণে খয়রাতপুৰা আৰু বাৰাঙ্গণাসকলৰ কাৰণে চয়তানপুৰা সৃষ্টি কৰি বিভিন্ন শ্রেণীৰ
কাৰণে বিভিন্ন আৱাসৰ ব্যৱস্থা কৰিছিল।
৪৮. মৰিয়ম জমাণী- যুগ-মাতা। বিহাৰীমলৰ
কন্যা। আকবৰৰ প্ৰধানা হিন্দু মহিষী। এই মহিলা মুছলমানৰ স্ত্ৰী হৈও হিন্দুৰ সকলো
আচাৰ নিষ্ঠা সহকাৰে পালন কৰিছিল। তেওঁৰ গৃহত তুলসী, হোমকুণ্ড, গংগাজলৰ
ব্যৱস্থা আছিল আৰু ব্ৰাহ্মণ পাচক আছিল। তেওঁৰ কিঙ্কৰী আছিল হিন্দু। উদাৰ আকবৰে
পত্নীৰ ধৰ্ম বিশ্বাসত আঘাত কৰা নাছিল।
৪৯. আকবৰৰ দুটি পুত্র সন্তান শৈশৱত
মৃত্যুমুখত পতিত হৈছিল, তাৰ
পাছত ফতেপুৰৰ চুফী সাধক চেলিম চিস্তীৰ আশীৰ্বাদত যোধাবাঈৰ গৰ্ভত আকবৰৰ এটি পুত্র
সন্তান জন্ম গ্রহণ কৰে। সেই পুত্র সন্তান যোধাবাঈয়ে প্রসৱ কৰে চেলিম চিস্তীৰ ক্ষুদ্ৰ
কুটীৰত। চেলিম চিন্তীৰ আশীৰ্বাদজাত সন্তান বুলি কৃতজ্ঞ চিত্তে আকবৰ সেই সন্তানৰ
নাম দিছিল চেলিম। চেলিম চিশতীৰ কুটীৰৰ কাষত সম্রাটে সপোনত দেখিলে বিৰাট সৌধ আৰু
পৰিকল্পনা কৰিলে এক নতুন নগৰৰ। সেই নগৰ আছিল সম্রাট আকবৰৰ ৰাজধানী ফতেপুৰ চিক্ৰী।
অকস্মাৎ ওঠৰ বছৰ পাছত সেই সপোনৰ তৈয়াৰী ফতেপুৰ চিক্ৰী পৰিত্যাগ কৰে। জাহানাৰাই
সেই পৰিত্যক্ত নগৰীৰৰ কাৰণে আক্ষেপ কৰিছে।
৫০.সোণহাৰা প্রাসাদ সঁচাকৈয়ে বিশুদ্ধ
সোণেৰে তৈয়াৰ কৰা হৈছিল। আজি তাৰ চিহ্নমাত্রও নাই।
৫১.বিবাহ সম্বন্ধে এক স্ত্ৰী ঘোষণা
কৰাৰ ফলত সম্রাট আকবৰক বহু আঘাত সহ্য কৰিব লগা হৈছিল; কোৰাণত আছে ১,২,৩,৪
জনীলৈকে একেলগে বিবাহ কৰিব পৰা যায় (চুৰা আল নিচা ৪:৪) পৰৱৰ্ত্তী যুগত মোল্লাসকলে
অর্থ কৰে ১-২-৩-৪-১০ জনী। আবু বিন
লায়লাই অর্থ করে (১+ (২-২)-(৩+৩)+(৪+৪)-১৯ জন)।
৫২ দশৰথ এজন অতি দৰিদ্র পাল্কীবাহক হৰিজনৰ
পুত্ৰ। তেওঁ মথুৰাৰ মন্দিৰৰ গাত কয়লাৰে এটি ছবি আঁকিছিল। আকবৰে তেওঁক দেখি
ভৱিষ্যত প্ৰতিভাৰ সন্ধান পায় আৰু দশৰথক ৰাজপ্রাসাদলৈ আনি শিক্ষা দিবলৈ আৰম্ভ করে।
শেষত দশৰথক ৰাজশিল্পীৰ সন্মান দিয়া হয়। আকবৰৰ মানুহ চিনাৰ অপূৰ্ব দক্ষতা আছিল।
৫৩. জাহানাৰাৰ হিন্দু শাস্ত্র ও উপখ্যানৰ
জ্ঞান অতি গভীৰ আছিল ।
৫৪.এক দিনাৰ বৰ্তমান প্রায় চৈধ্য টকাৰ
সমতুল্য।
৫৫.ধর্মান্ধ বাদায়ূনী আছিল উদাৰপন্থী
ফৈজী ও আবুল ফজলৰ শত্রু। এই কথা ৰাজদৰবাৰৰ আটায়ে জানিছিল। বাদায়ূনীয়ে মিছা কথা
কোৱাত ৰাজৰোষত কর্মচ্যুত হৈছিল,
ফৈজীয়ে সম্ৰাটৰ ওচৰত অনুৰোধ কৰি তেওঁক কামত পুনঃপ্রতিষ্ঠিত কৰিছিল।
এই ঘটনাৰ কথাই জাহানাৰাই উল্লেখ কৰিছে।
৫৬. লেবাননত বালবেকৰ মন্দিৰত ভাৰতীয়
সন্ন্যাসীৰ অনুকৰণত ভগবানৰ অৰ্চনা করা হয়। ধূপ, প্রদীপ ও ঘণ্টাধ্বনি দ্বাৰা প্রতিদিন সন্ধিয়া দেৱতাৰ আৰাধনা কৰা
হয়।
৫৭.কেথলিক মঠত ভক্ত খ্রীষ্টানসকলে ঝালৰ
উৎসর্গ কৰাটোক এতিয়াও পুণ্যৰ কাম বুলি বিবেচনা করে। কবৰৰ সমাধিত প্রস্তৰ নির্মিত
ঝালৰবোৰে খ্ৰীষ্টান মঠৰ কথা মনত পেলাই দিয়ে।
৫৮. প্রলয়ৰ দিনত সৃষ্টিৰ জীৱ ভগবানে
পক্ষীৰূপে নিজৰ পাখিপুটতলত ৰক্ষা কৰিছিল। চেমিটিক ধর্মমতত এই সৃষ্টি ৰক্ষাতত্ত্ব
বিশ্বাস করে।
৫৯. বহু মুছলমানে বিশ্বাস কৰে যে, মহম্মদ জেৰুজালেমৰ মছজিদৰ পৰা সশৰীৰে
স্বৰ্গলৈ গৈছিল আৰু আল্লাহৰ লগত কথা পাতিছিল। স্বয়ং মহম্মদ(ছাঃ) স্বর্গ ও নৰক
চর্মচকুত প্রত্যক্ষ কৰিছিল আৰু আল্লাহৰ সৃষ্টিৰ বিৰাট ৰূপ প্ৰত্যক্ষ কৰিছিল। এই
ঘটনা মেরাজ” নামে
ইছলামৰ ইতিহাসত বিখ্যাত।
৬০. মহম্মদ(ছাঃ)ৰ ব্যৱহৃত পচমী বস্ত্ৰ
মুছলমানসকলে অতি পবিত্ৰ বুলি বিবেচনা কৰে আৰু সেই বস্ত্ৰলৈ শোভাযাত্রা কৰে। এই
উৎসৱৰ প্ৰৱৰ্তক স্বয়ং হজৰত মহম্মদ(ছাঃ)।
৬১. জাহানাৰাই ইয়াত বাণভট্ট ৰচিত
হর্ষচৰিত নাটকৰ উপমা উদ্ধৃত কৰিছে।
৬২. মুছলমানসকলে প্রথম দর্শনত সম্ভাষণ
কৰে, আচ্ছালামু
আলায়কুম। প্ৰত্তুৰত কয়, ওয়া
আলাইকুম আচ্ছালাম। আকবৰে এই প্রথা পৰিৱৰ্ত্তন কৰি সম্ভাষণৰ নতুন ৰীতি প্রচলন
কৰিছিল, আল্লাহু আকবৰ। জাল জালালুল্লাহ।
এই ৰীতিৰ বাবে তেওঁ বহু কটূক্তি শুনিব লাগিছিল সম্রাট আকবৰে।
৬৩.এনেকুৱা এটি কক্ষ আকবৰৰ সময়ত হাকিম
আলি গিলানীয়ে নিৰ্মাণ কৰিছিল। আইন-ই-আকবরীত সেই বর্ণনা আছে।
৬৪.মহবত খাঁই জাহাংগীৰক আৱদ্ধ কৰিছিল।
নুৰজাহানে স্বয়ং অশ্বৰ পিঠিত আৰোহণ কৰি শত্রু পক্ষৰ বিৰুদ্ধে অসি চালনা কৰি
স্বামীক মুক্ত কৰিছিল। সেয়া এক অপূর্ব বীৰত্ব কাহিনী।
৬৫. মুছলমানসকলে আল্লাহৰ বাহিৰে কাকো
প্ৰণতি নজনায় কিন্তু আকবৰ বাদচাহই তেওঁক অভিবাদন (চিজদাহ) কৰিবলৈ আদেশ কৰিছিল— নাম দিছিল “জমিন বুচ- ভূমি চুম্বন। এই প্রথা
প্ৰৱৰ্ত্তনৰ কাৰণে সম্রাট আকবৰে বহু কটূক্তি সহ্য কৰিব লগা হৈছিল। অৱশেষত সম্রাট
পৰিবাৰৰ লোকসকলেও এই চিজদাহ দাবী কৰিছিল। ছত্রশালে সেই নিয়ম বক্ষা কৰি জাহানাৰাক
চিজদাহ কৰিছিল।
৬৬.মোগলসকলৰ মাজত ইউৰোপীয় নাৰী অন্তেষপুৰত
ৰখাৰ ব্যৱস্থা আছিল। আকবৰ, জাহাংগীৰ, চাহজাহান এনেকি ঔৰঙ্গজেৱৰো ইউৰোপীয়
শ্বেতাংগিণী অন্তঃপুরিকা আছিল। সেই স্বেতাংগিনীৰ মহলৰ নাম আছিল ফিরিংগী মহল।
৬৭.তাজমহলৰ বিপৰীত দিশত যমুনাৰ সিপাৰত
চাহজাহানে ৰঙা প্রস্তৰেৰে নিজৰ সমাধি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। সেই ৰঙাবৰণৰ
সমাধি হ'ব সম্রাট
চাহজাহানৰ শৌর্য ও ঐশ্বর্যৰ প্ৰতীক আৰু তাজবিবিৰ সমাধি হ'ব শ্বেত শুভ্ৰ মৰ্মৰৰ— শুচিতা ও সৌন্দর্যৰ প্রতীক। চাহজাহানৰ
সমাধি সম্পূর্ণ হোৱা নাছিল, কাৰণ
তাৰ আগতেই চাহজাহান বন্দী হৈছিল। ঔৰঙ্গজেৱে কৈছিল- বন্দী চাহজাহানৰ আকৌ বিলাস কিয়
? তথাপি মৃত্যুৰ
পাছত ঔৰঙ্গজেৱে কৃপা কৰি চাহজাহানৰ মৃতদেহ তাজবিবিৰ কাষত সমাধিস্থ কৰিবলৈ অনুমতি
দিছিল। অনুগ্ৰহৰ বাহিৰে এয়ানো আৰু কি আছিল!
৬৮.বহুতৰ ধাৰণা চাহজাহানৰ একমাত্ৰ
পত্নী তাজবিবি, এয়া
ভুল। অন্যান্য মোগল সম্রাটৰ অনুকৰণত চাহজাহানৰ বহু বিবাহিত ও বিবাহতিরিক্ত পত্নী
আছিল।
৬৯.মোগল যুগত স্থায়ী সৈন্যৰ ব্যৱস্থা
থাকিলেও যুদ্ধৰ অব্যৱহতি কাল আগত বেছি ভাগ সৈন্য সংগ্ৰহ কৰা হৈছিল। মনচবদাৰসকলে
যিকোনো মানুহক সৈন্যদলত ভৰ্তি কৰি যুদ্ধক্ষেত্ৰলৈ পঠিয়াই দিছিল। সেয়েহে যুদ্ধ
জয় কৰাতকৈ পলোৱাৰ ক্ষেত্ৰতেই সিহঁতৰ পটুতা অধিক প্ৰদৰ্শিত হৈছিল।
৭০. মুছলমানসকলৰ কাৰণে ৰমজান মাহ অতি
পবিত্র, এই মাহত ৰক্তপাত
নিষিদ্ধ। এই মাহতে মহম্মদ(ছাঃ)এ আল্লাহৰ বাণী পাইছিল বুলি দাবী কৰা হয়।
৭১. ৰাম সিং জয় সিঙৰ পুত্র ।
৭২.ভাক্কাৰ—পাঞ্জাৱৰ এটি ক্ষুদ্ৰ ৰাজ্য।
৭৪. মহম্মদ মৰা জান মি কুশাদ, ইবন্ আল্লাহ্ মৰা জান্ মি বক্শাদ।
৭৫.মুছলমানসকলৰ ধাৰণা আছে, ৰোগীৰ কল্যাণত জীৱ-কোৰবানী বা দান অথবা
দাস-দাসীসকলক মুক্তি দিলে ৰোগ নিৰাময় হয়।
৭৬.তৈমূৰে মৃত্যুৰ আগ মুহূৰ্তত মহম্মদৰ
বংশধৰ আলৱাৰোকীক তেওঁৰ লগত কবৰ দিবলৈ আদেশ দিছিল, কাৰণ, শেষ
বিচাৰৰ দিনা আল্ৱাৰোকী মহম্মদ(ছাঃ)ৰ ওচৰত তৈমূৰৰ মংগলৰ কাৰণে যাচ্ঞা কৰিব।
সঁচাকৈয়ে আল্বাৰোকীক তৈমুৰৰ লগত কবৰ দি একেলগে বস্ত্ৰৰ দ্বাৰা বান্ধি দিয়া
হৈছিল।
* * *
শেষ

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন