ইছলামিক আদৰ্শ-২
ইছলামিক আদৰ্শ-২
ইছলামিক আদৰ্শত
নাৰীৰ সামাজিক অধিকাৰ
নাৰীক পুৰুষৰ সমান অধিকাৰ
প্ৰদান কৰিছে ইছলাম। সামাজিক অধিকাৰৰ ক্ষেত্ৰত ইছলামে নাৰীক চাৰিটা ভাগত ভাগ
কৰিছে- (১) কন্যা হিচাপে অধিকাৰ (২) স্ত্ৰী হিচাপে অধিকাৰ (৩) মাতৃ
হিচাপে অধিকাৰ আৰু (৪) ভগ্নী হিচাপে অধিকাৰ।
কন্যা হিচাপে
অধিকাৰঃ-ইছলাম পূৰ্ব আৰব সমাজত কন্যা সন্তান জন্ম হ’লে জীৱন্তে মাটিত
পুতি থোৱা হৈছিল নাইবা পাহাৰৰ শিখৰৰ পৰা পেলাই দি হত্যা কৰা
হৈছিল। ইছলাম ধৰ্ম আৱিৰ্ভাৱ হোৱাৰ পাছত এই বৰ্বৰ অমানৱীয় কাৰ্যৰ বিৰুদ্ধে কোৰআনৰ
মাধ্যমত ঘোষণা কৰা হ'ল- তোমালোকে
খাদ্য প্ৰদানৰ ভয়ত
কন্যা সন্তানক হত্যা নকৰিবা, ময়ে তোমালোকক আৰু তোমালোকৰ সন্তানসকলক খাদ্য যোগান ধৰোঁ।
(ছুৰা আনয়ামঃ ১৫১ নম্বৰ আয়াত)। কিন্তু দুর্ভাগ্য্যৰ বিষয় যে, আজিৰ এই একৈছ
শতিকাতো শীতল মস্তিষ্কৰে কন্যা সন্তানক হত্যা কৰা হৈ আছে। এক তথ্যত প্ৰকাশ, সমগ্র বিশ্বত প্রত্যেক দিন
৩০০০ টাৰো অধিক কন্যা ভ্রূণ হত্যা কৰা হয়। তামিলনাডুৰ এখন হাস্পতালৰ তথ্যত প্ৰকাশ
পাইছে যে, প্রতি ১০ টা
নৱজাতক কন্যা সন্তানৰ মাজত চাৰিটা কন্যা সন্তান মৃত্যুৰ কাৰণে ৰাখি দিয়া হয়। পুত্র সন্তান
জন্ম হ’লে আনন্দ প্রাকশ
কৰা হয়, পক্ষান্তৰে কন্যা
সন্তান জন্ম হ’লে দুখ প্ৰকাশ কৰা হয়।
পবিত্ৰ কোৰআনত এই বিষয়ে উল্লেখ আছে- যেতিয়া কাৰোবাক কন্যা সন্তান জন্মৰ সুসংবাদ
দিয়া হয়, তেতিয়া তাৰ
মুখমণ্ডল বিষাদত ক’লা পৰি যায় আৰু
তাৰ হৃদয় অসহ্য মনস্তাপত ক্লিষ্ট হয়। তাক সুসংবাদ শুনোৱাৰ দোষত মানুহজনৰ পৰা মুখ
ঘূৰাই ৰাখে। এই সিদ্ধান্ত,
কিমান যে নিকৃষ্ট! (ছুৰা
নাহল- ৫৮ নম্বৰ আয়াত)। ৰোগ-ব্যাধি হ’লৈ যিদৰে পুত্ৰ সন্তানৰ চিকিৎসাৰ ব্যৱস্থা কৰা
হয়, কন্যা সন্তানৰ
ৰোগ-ব্যাধি হ’লে সিমান গুৰত্ব সহকাৰে অধিকাংশ
ক্ষেত্ৰতে চিকিৎসা কৰা নহয়। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো পুত্ৰ আৰু কন্যা সন্তানৰ
মাজত পক্ষপাতিত্ব কৰা হয়। কন্যা সন্তান যেন অভিশাপ স্বৰূপেহে
জন্ম গ্রহণ কৰে এনেকুৱা মনোভাৱ প্ৰদৰ্শন কৰা হয় কন্যা সন্তান জন্ম হ'লে। যাৰ ফলত
পুৰুষৰ তুলনাত মহিলাৰ সংখা ক্রমান্বয়ে হ্রাস পাই আছে। বিগত লোকপিয়লৰ তথ্যসমূহলৈ
দৃষ্টিপাত কৰিলে এই তথ্য জল্জল্ পট্পট্কৈ ওলাই পৰে। প্রতি ১০ বছৰৰ মূৰে মূৰে
মহিলা জনসংখ্যা
অভাৱনীয়ভাবে হ্রাস পাই আছে। ১৯৭১ চনত প্ৰতি এহেজাৰ জন পুৰুষৰ বিপৰীতে মহিলাৰ
সংখ্যা আছিল ৯৭২ জনী, ১৯৮১ চনত এহেজাৰ জন পুৰুষৰ
বিপৰীতে মহিলাৰ সংখ্যা আছিল ৯৩৪ জনী, ১৯৯১ চনত এহেজাৰজন পুৰুষৰ বিপৰীতে মহিলাৰ
সংখ্যা আছিল ৯৩৪ জনী, ২০০১ চনত
এহেজাৰজন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হয় গৈ ৯২৭ জনী। নাৰী-পুৰুষৰ এই অনুপাত
কিমান ভয়াৱহ এবাৰ জুকিয়াই চোৱা প্রয়োজন।
ইছলাম নাৰী-পুৰুষৰ এই
তাৰতম্য কেতিয়াও সমর্থন নকৰে আৰু কন্যা সন্তানক হত্যা কৰোঁতাক কঠোৰভাবে ৰিস্কাৰ
কৰে। পুত্র সন্তান জন্ম হ’লে আনন্দ প্রকাশ আৰু
কন্যা সন্তান জন্ম হ’লৈ দুখ প্ৰকাশ
কৰাটোক ইছলাম ঘৃণা কৰে। সেয়ে কন্যা সন্তান হত্যা কৰাটোক ইছলামিক আদৰ্শই কঠোৰভাবে
নিষেধ কৰিছে। ইছলামে
কন্যা সন্তানক যথাযথ লালন-পালন কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু উক্ত কাৰ্যৰ বাবে
পুৰস্কাৰৰ কথাও ঘোষণা কৰিছে। আহমদ শ্বৰীফৰ এক হাদীছত উল্লেখ আছে- নবী (ছাঃ)এ কৈছে, যিজন ব্যক্তিয়ে
দুজনী কন্যা সন্তান যথাযথভাবে পালন কৰিব তেওঁ শেষ বিচাৰৰ দিনা মোৰ খুবেই
নিকটৱৰ্ত্তী থাকিব। আৰু এই হাদীছত কোৱা হৈছে যে, যিসকল ব্যক্তিয়ে দুজনী কন্যা সন্তানক সঠিকভাবে
লালন-পালন কৰিব, সিহঁতৰ ভালদৰে যত্ন ল’ব, স্নেহ-মমতা দি
লালন-পালন কৰিব তেওঁ বেহেস্তত প্ৰৱেশ কৰিব। পুত্ৰ আৰু কন্যা সন্তানৰ মাজত বৈষম্য
নকৰিবলৈ ইছলাম বাৰে বাৰে সঁকীয়াই দিছে। এটি হাদীছত আছে- নবী (ছাঃ)ৰ
উপস্থিতিত এজন মানুহে পুত্ৰ সন্তানক চুমা খালে আৰু উৰুত বহুৱালে, কিন্তু ছোৱালীৰ
লগত তেনে ব্যৱহাৰ নকৰিলে। নবী(ছাঃ)এ লগে লগে প্রতিবাদ কৰিলে আৰু ক’লে- তুমি
অন্যায়কাৰী। তোমাৰ কন্যা সন্তানকো তুমি চুম্বন কৰা আৰু উৰুত বহোৱা
উচিত।
স্ত্ৰীৰ সামাজিক অধিকাৰঃ-
ইছলামৰ পূৰ্বৱৰ্ত্তী আটাইবোৰ সভ্যতাই নাৰীক চয়তানৰ যন্ত্ৰ হিচাপে বিবেচনা কৰিছিল।
কিন্তু ইছলাম ধৰ্মৰ অভ্যুত্থানৰ লগে লগে নাৰীৰ সামাজিক অধিকাৰৰ ক্ষেত্ৰত এক
নতুন অধ্যায়ৰ সূচনা হৈছে। পবিত্র কোৰআনত ঘোষণা কৰা হৈছে-নাৰী মুহচনা অৰ্থাৎ
চয়তানৰপৰা সুৰক্ষিত। কাৰণ সৎ নাৰীক বিয়া কৰালে সেই গৰাকী নাৰীয়ে স্ত্ৰী হিচাপে তাইৰ
স্বামীক অসৎ কাৰ্যৰপৰা আঁতৰাই ৰাখে। ছহী বুখাৰী শ্বৰীফৰ সাত নম্বৰ খণ্ডৰ তৃতীয়
অধ্যায়ৰ চাৰি নম্বৰ হাদীছত নবী (ছাঃ)এ যুৱ প্ৰজন্মক উদ্দেশ্য কৰি কৈছে- যিসকলৰ
বিবাহ কৰাৰ সামর্থ্য আছে,
সিহঁতে যেন বিবাহ
কৰায়। কাৰণ বিবাহই
সিহঁতৰ চকুক অৱনত কৰি ৰাখে আৰু সততাক ৰক্ষা কৰে। আনাচ(ৰাঃ)ৰ দ্বাৰা বর্ণিত এটি
হাদীছত উল্লেখ আছে যে নবী (ছাঃ)এ কৈছে, যিজনে বিবাহ কৰায়, সি তাৰ দ্বীনৰ
অধিকাৰ পূৰ্ণ কৰে। সুমহান আল্লাহই কোৰআনত ঘোষণা কৰিছে, মই
স্বামী-স্ত্ৰীৰ মাজত ভালপোৱা ঢালি দিছোঁ।
সেই বুলি ইছলামে কোনো
নাৰীক বলপূর্বক বিবাহ কৰোৱাৰ অনুমতি প্রদান কৰা নাই। ছুৰা নিছাৰ ১৯ নম্বৰ আয়াতত
উল্লেখ আছে, হে বিশ্বাসীসকল, তোমোলোকে
বলপূর্বক নাৰীসকলক অধিকাভুক্ত কৰা জায়েজ (বৈধ) নহয়। ইয়াৰপৰা এইটো স্পষ্ট হৈ পৰে
যে, বিবাহৰ ক্ষেত্ৰত
দৰা-কইনা উভয়ৰে অনুমতি আৰু সন্মতি প্রয়োজন। নাৰী আৰু পুৰুষ উভয়ে সন্মতি প্রদান কৰিলেহে
বিবাহ বৈধ হয়। এনেকি পিতৃয়েও বলপূর্বক নিজৰ কন্যা সন্তানক বিবাহ দিব নোৱাৰিব।
বলপূর্বক বিবাহ দিলে সেই বিবাহ বাতিল কৰাৰ অধিকাৰ ইছলামে নাৰীক প্ৰদান কৰিছে। ছহী
আল বুখাৰীৰ ৪ নম্বৰ অধ্যায়ৰ ৬৯ নং হাদীছত আছে- এগৰাকী নাৰীক তাইৰ পিতৃয়ে
বলপূর্বক বিবাহ দিছিল। তাই এই বিষয়ে নবী(ছাঃ)ৰ ওচৰত অভিযোগ কৰাত নবী(ছাঃ)এ সেই
বিবাহ বাতিল কৰি দিয়ে।
ইবনে হাম্বলৰ ২৪৬৯ নং হাদীছত আছে যে, এজনী ছোৱালীক তাইৰ বিনা অনুমতিত পিতৃয়ে বিবাহ
দিছিল। তাই বিষয়টো নবী(ছাঃ)ৰ দৃষ্টিগোচৰ কৰাত নবী(ছাঃ)এ ক’লে- তুমি ইচ্ছা
কৰিলে এই বিবাহ বাহলো ৰাখিব পাৰা অথবা বাতিলো কৰিব পাৰা। ইয়াৰপৰা বিবাহৰ ক্ষেত্ৰত নাৰী
আৰু পুৰুষ উভয়ৰ সন্মতিৰ প্ৰয়োজনৰ কথা স্পষ্ট হৈ পৰিছে।
ইছলামে নাৰীক ‘হোম মেকাৰ’ৰ মৰ্যদা প্ৰদান
কৰিছে। কাৰণ নাৰীৰ দৰদী হাতৰ পৰশত সংসাৰ এখন সুন্দৰ আৰু সুখ-সমৃদ্ধিৰে ভৰি পৰে।
অৰ্থাৎ ‘নাৰীয়ে গিৰি, নাৰী নহ’লে হয় হতচিৰি’ ইছলামে এই
প্ৰবচনটো সমৰ্থন কৰে। নাৰীক ‘হাউছ ৱাইফ’ বুলি সম্বোধন কৰাটো ইছলামে সমৰ্থন নকৰে। কাৰণ ইছলামিক আদৰ্শত
নাৰীক ‘হাউছ’ অৰ্থাৎ ঘৰৰ লগত
বিবাহ দিয়া নহয়। বহুতে হাউছ ৱাইফৰ অৰ্থ ভালদৰে নুবুজাকৈয়ে এই পৰিভাষাটো ব্যৱহাৰ
কৰে। ইছলামিক আদর্শই
কোনো নাৰীক কোনো গৰাকীৰ লগত বিবাহ নিদিয়ে, যাতে নাৰীৰ লগত ক্রীতদাসীৰ দৰে ব্যৱহাৰ কৰা যাব
পাৰে। এগৰাকী সমমর্যদা সম্পন্ন পুৰুষৰ লগতহে ইছলামে নাৰীৰ বিবাহ
সমর্থন কৰে। ইবনে হাম্বলৰ এক হাদীছত উল্লেখ আছে- সিহঁতেই পৰিপূৰ্ণ ম’মিন(বিশ্বাসী)
যিসকল চৰিত্ৰ আৰু আচৰণৰ
ফালৰপৰা সৰ্বোত্তম আৰু সিহঁতে সৰ্বোত্তম যিসকল পৰিয়াল আৰু স্ত্ৰীৰ ওচৰত
সৰ্বোত্তম।
ছুৰাৰ বাকাৰাৰ ২২৮ নম্বৰ
আয়াতত আছে- পুৰুষৰ যেনে স্বত্ব তিৰোতাৰ ওপৰত আছে তদ্রুপ স্বত্ব ন্যায়মতে
তিৰোতাৰো আছে। ছুৰা বাকাৰাৰ ১৮৭ নম্বৰ আয়াতত আছে, সিহঁত তোমালোকৰ
আভৰণ আৰু তোমালোকেও সিহঁতৰ আভৰণ । এনেকৈ কোৱাৰ তাৎপৰ্য হ’ল, পোছাক নাৰীক আবৃত আৰু নাৰীৰ
সৌন্দর্য বৃদ্ধিৰ কাৰণে ব্যৱহাৰ কৰা হয়। তদ্রুপ স্বামী-স্ত্রীয়ে ইজনে-সিজনৰ
দোষ-ত্রুটি ঢাকি ৰাখি ইজনে-সিজনৰ চাৰিত্ৰিক সৌন্দর্য বৃদ্ধি কৰে। আল্লাহই
কোৰআনত কৈছে, (তোমালোকে তোমালোকৰ)
স্ত্ৰীসকলৰ লগত ন্যায়ৰূপে জীৱন যাপন কৰিবা; কিন্তু যদি সিহঁতক তোমালোকে ভাল নোপোৱা, তেন্তে জানি ৰাখা, তোমালোকে কোনো
বস্তু ভাল নাপাব পাৰা অথচ আল্লাহই তাতেই প্ৰচুৰ কল্যাণ ৰাখিছে। (ছুৰা নিচা- ২০ নং
আয়াত)
মাতৃৰ সামাজিক
অধিকাৰঃ- মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰাৰ কাৰণে নিৰ্দ্দেশ প্রদান কৰিছে
ইছলামিক আদৰ্শই। কোৰআনত কৈছে- তোমালোকে পিতৃ- মাতৃৰ প্ৰতি সৎ
আচৰণ কৰিবা। পিতৃ-মাতৃৰ উভয়ে অথবা কোনোবা এজন যদি বৃদ্ধাৱস্থাত উপনীত হয়, তেতিয়া তেওঁলোকৰ
সন্মুখত এনেকুৱা শব্দ উচ্চাৰণ নকৰিবা, যি শব্দদ্বাৰা তেওঁলোকে মনোকষ্ট পাব পাৰে। তোমালোকে
আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাবা- হে’ মোৰ প্ৰভু, তেওঁলোকৰ প্ৰতি দয়া কৰা, যিদৰে (শিশু
অৱস্থাত) তেওঁলোকে স্নেহ দি আমাক লালন-পালন কৰিছে। ছুৰা নিছাৰ এক নম্বৰ আয়াতত
আছে- ‘সন্মান কৰা সেই
মাতৃ গৰ্ভক যি গৰ্ভই তোমাক বহন কৰিছে।' আল্লাহই কোৰআনত আৰু ঘোষণা কৰিছে, আমি মানুহক
নির্দেশ দিছো, সিহঁতৰ
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ কাৰণে। মাতৃয়ে অশেষ কষ্ট কৰি সিহঁতক গৰ্ভত
ধাৰণ কৰিছে, দুই বছৰ বয়সলৈকে
স্তন্য পান কৰাইছে। তোমালোকে মোৰ আৰু পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা।
ইবনে মাজাহ আৰু আহমদ শ্বৰীফত বর্ণিত আছে, মাতৃৰ পদতলত সন্তানৰ বেহেস্ত।
ছহী বুখাৰী শ্বৰীফৰ অষ্টম
খণ্ডৰ দ্বিতীয় অধ্যায়ৰ দুই নম্বৰ হাদীছত আছে, এজন মানুহে নবী(ছাঃ)ক সুধিলে, এই পৃথিবীত কোনে
মোৰপৰা অধিক সদ্ব্যৱহাৰ আৰু সন্মান পোৱাৰ যোগ্য? উত্তৰত নবী(ছাঃ)এ ক’লে- তোমাৰ মাতৃ ।
মানুহজনে পুনৰ সুধিলে- তাৰ পাছত? নবী(ছাঃ)এ পুনৰ উত্তৰত ক’লে- তোমাৰ মাতৃ ৷
মানুহজনে পুনৰ সুধিলে- তাৰ পাছত? নবী(ছাঃ)এ পুনৰ ক'লে- তোমাৰ মাতৃ। মানুহজনে চতুৰ্থবাৰ সুধিলে-
তাৰ পাছত? এইবাৰ নবী(ছাঃ)এ উত্তৰত
ক'লে- তোমাৰ পিতৃ।
অৰ্থাৎ পিতৃতকৈ মাতৃৰ সামাজিক অধিকাৰ অধিক বুলি প্ৰতিপন্ন কৰা হৈছে এই হাদীছটোৰ জৰিয়তে।
এই হাদীছৰ জৰিয়তে
সন্মান আৰু মৰ্যদাক চাৰি ভাগত বিভক্ত কৰি তিনি ভাগ মাতৃক দিছে আৰু মাথোন এভাগহে
পিতৃক দিয়া হৈছে।
ভগ্নীৰ অধিকাৰঃ- এই বিশ্বৰ মানৱ
জাতিক নাৰী আৰু পুৰুষ হিচাপে দুই ভাগত ভাগ কৰা হৈছে। ছুৰা তাওবাৰ ৭১ নং আয়াতত
আল্লাহই কৈছে- আৰু বিশ্বাসী পুৰুষ আৰু বিশ্বাসী নাৰী পৰস্পৰে পৰস্পৰৰ বন্ধু । অর্থাৎ পৰস্পৰৰ
ভাই-ভগ্নী স্বৰূপ। নবী(ছাঃ)এ কৈছে, নাৰীসকল ‘চাকাত’। চাকাত শব্দৰ অৰ্থ হ’ল ভগ্নী। চাকাত শব্দৰ আন এটা অৰ্থ হ'ল অৰ্দ্ধেক।
অর্থাৎ এই পৃথিবীত নাৰী আৰু পুৰুষৰ অধিকাৰ সমান সমান। অর্থাৎ এজন আন জনৰ পৰিপূৰক। এইটো
সৰ্বজন বিদিত সত্য যে, একমাত্ৰ পুৰুষৰ
পক্ষে এই বিশ্বত উন্নতি সাধন কৰা সম্ভৱ নহয়। নাৰী আৰু পুৰুষৰ সন্মিলিত চেষ্টাতহে
এই পৃথিবীখন সৰ্বাংগ
সুন্দৰ কৰি গঢ়ি তোলা সম্ভৱ। সেয়ে কবিৰ ভাষাত ক’ব পাৰি- কোনোকালে অকলে হোৱা নাই জয়ী পুৰুষৰ
তৰবাৰি, প্ৰেৰণা দিছে, শক্তি দিছে
বিজয়লক্ষ্মী নাৰী।
দৈনিক অগ্রদূত/২০১০
বিশ্ব ভ্ৰাতৃত্ব
আৰু ইছলাম
বিশ্বত বিভিন্ন প্ৰকাৰৰ
ভ্ৰাতৃত্ব আছে। যেনে তেজৰ সম্পৰ্কৰ ভ্ৰাতৃত্ব, আঞ্চলিক ভ্রাতৃত্ব, জাতি, ধর্ম, বৰ্ণৰ ভিত্তি
ভ্রাতৃত্ব। কিন্তু এইসমূহ ভ্রাতৃত্বৰ সীমা সীমিত। সেয়ে ইছলাম বিশ্ব ভ্ৰাতৃত্বত বিশ্বাস
কৰে। পবিত্ৰ কোৰআনৰ ছুৰা আল হুজুৰাতৰ ১৪ নং আয়াতত বিশ্ব ভ্রাতৃত্বৰ ধৰাণা এনেদৰে
উপস্থাপন কৰিছে– হে’ মানৱ মণ্ডলী, মই তোমালোকক এজন
পুৰুষ আৰু এগৰাকী নাৰীৰপৰা সৃষ্টি কৰিছো, তাৰ পাছত মই তোমালোকৰ কাৰণে জাতি-গোত্ৰ সৃষ্টি কৰিছোঁ, যাতে ইয়াৰ
মাধ্যমত তোমালোকে ইজাতিয়ে-সিজাতিৰ লগত পৰিচিত হ’ব পাৰা। বাস্তৱতে তোমালোকৰ ভিতৰত সৰ্বোচ্চ
সন্মানীয়, আল্লাহৰ দৃষ্টিত সেইজন
ব্যক্তি, যিজন তোমালোকৰ
ভিতৰত আটাইতকৈ উত্তম সৎ-পথাৱলম্বী। নিশ্চয় আল্লাহ সর্বজ্ঞ আৰু সৰ্বচেতনা সম্পন্ন।
কোৰআনৰ এই আয়াতৰ
গূঢ়ার্থ এয়ে যে, এই বিশ্বৰ মূল
এগৰাকী পুৰুষ আৰু এগৰাকী নাৰী। অর্থাৎ বিশ্বৰ সকলো মানৱ-মানৱীৰ মাজত তেজৰ সম্পর্ক
বিদ্যমান। আল্লাহ বিশ্বৰ মানৱ জাতিক জাতি-গোত্ৰত বিভক্ত কৰি সৃষ্টি কৰিছে পৰস্পৰে
পৰস্পৰক চিনাক্ত কৰাৰ কাৰণেহে, পৰস্পৰে পৰস্পৰৰ ভেদা-ভেদ, বর্ণ, গোত্ৰ আৰু সম্পদত মানুহৰ মৰ্যদা নিৰ্ভৰ নকৰে।
আল্লাহ ভীতি আৰু সত্য পৰায়ণতাতহে মানুহৰ মৰ্যদা নিৰ্ভৰ কৰে। যিগৰাকী মানুহ অধিক
ন্যায়পৰায়ণ, অধিক ধর্মভীৰু, অধিক আল্লাহ
ভীতিসম্পন্ন সেইগৰাকী
মানুহ আল্লাহৰ ওচৰত অধিক সন্মানিত।
ছুৰা ৰোমৰ ২৩ নং আয়াতত
আল্লাহই কৈছে- আৰু আকাশ মণ্ডলী আৰু পৃথিবীৰ সৃষ্টি আৰু তোমালোকৰ ভাষাবোৰৰ আৰু
তোমালোকৰ বৰ্ণসমূহৰ বিভিন্নতা তেওঁৰ নিৰ্দেশনাৱলীৰ অংশ; কোনো সন্দেহ নাই, জ্ঞানৱানসকলৰ নিমিত্তে ইয়াত অৱশ্যে আছে বহু
নিদর্শন। অর্থাৎ আল্লাহ পৰস্পৰে পৰস্পৰক হিংসা কৰাৰ কাৰণে বিভিন্ন ভাষা আৰু
বৰ্ণ সৃষ্টি কৰা নাই। পৰস্পৰে পৰস্পৰক চিনিবলৈ আৰু জানিবলৈহে বিভিন্ন ধৰণৰ ভাষা
আৰু বৰ্ণ সৃষ্টি কৰিছে।
পবিত্ৰ কোৰআনৰ ছুৰা বনি
ইস্ৰাইলৰ (৭১) নং আয়াতত আছে- ‘আৰু স্বৰূপতে আদম সন্তান-সন্ততিক মই সন্মানিত কৰিছো আৰু
স্থলত আৰু সাগৰত চলাচল কৰিবলৈ মই সিহঁতক পাৰ্গতালি দিছো আৰু নানাবিধ বিশুদ্ধ বস্তু মই
সিহঁতক দান কৰিছো সিহঁতৰ জীৱিকা নির্বাহৰ নিমিত্তে।' ইয়াত আল্লাহই আৰৱ, আমেৰিকা বা কোনো নিৰ্দ্দিষ্ট জনগোষ্ঠীক
সন্মানিত কৰাৰ কথা কোৱা নাই বৰং জাতি-গোত্ৰ, বৰ্ণ, দল-উপদল, নাৰী-পুৰুষ নির্বিশেষে সকলো মানৱ
সন্তানক সন্মানিত কৰাৰ কথাহে কৈছে। বিশেষ কোনো জনগোষ্ঠীৰ কাৰণে বিশুদ্ধ বস্তু দান
কৰাৰ কথা কোৱা নাই, বৰং সকলো মানৱ সন্তানৰ জীৱিকা
নিৰ্বাহৰ কাৰণে বিশুদ্ধ বস্তু দান কৰাৰ কথা কৈছে। আল্লাহই বিশেষ কোনো জনগোষ্ঠীক
জলত-স্থলত বিচৰণ কৰাৰ কাৰণে পাৰ্গতালি প্ৰদান কৰাৰ কথা কোৱা নাই, বৰং সকলো মানৱ
সন্তানক পাৰ্গতালি প্ৰদানৰ কথা কৈছে। ছুৰা ‘নাছ’ৰ দুই, তিনি আৰু চাৰি নম্বৰ আয়াতত আছে- ‘কোৱা মই আশ্ৰয়
বিচাৰোঁ মানৱ জাতিৰ প্ৰভুৰ ওচৰত, মানৱ জাতিৰ মালিকৰ ওচৰত, মানৱ জাতিৰ আল্লাহৰ ওচৰত।' ইয়াৰপৰা এইটো
স্পষ্ট হৈছে যে, সর্বশক্তিমান
আল্লাহ সকলো মানুহৰ প্ৰভু। কোনো নির্দিষ্ট মানুহৰ দল অথবা কোনো নির্দিষ্ট
সম্প্ৰদায়ৰ প্ৰভু নহয়। পৃথিবীত বিশ্বভ্রাতৃত্ব অক্ষুণ্ণ ৰখাৰ কাৰণে এক নৈতিক
নিৰ্দেশনা আৰু এক নৈতিক আইন আছে। যিয়ে সমগ্র বিশ্বব্যাপী বিশ্বভ্রাতৃত্ব অক্ষুণ্ণ
ৰখাৰ বাবে সহায় কৰে। ছুৰা ময়িদাৰ ৩৩ নম্বৰ আয়াতত উল্লেখ
আছে- সেই কাৰণে ইস্ৰাইলৰ সন্তানৰ কাৰণে আমি এই বিধান লিপিৱদ্ধ কৰিছিলো-- আত্মাৰ
হত্যাৰ পৰিণামত, নাইবা দেশৰ
অশান্তি আঁতৰাবৰ কাৰণে কোনো কাৰণ নথকাতো, যদি কোনো এজনে আন এজনক হত্যা কৰে, সি যেন সমগ্ৰ
মানৱ জাতিকে হত্যা কৰিলে। সেইদৰে যদি কোনো এজনে আন এজনৰ জীৱন ৰক্ষা কৰে, সি যেন সমগ্ৰ মানৱ
জাতিৰ জীৱন ৰক্ষা কৰিলে।
এই আয়াতৰ দ্বাৰা আল্লাহই
বিশেষ কোনো গোত্র অথবা সম্প্ৰদায়ৰ কথা কোৱা নাই। মুছলমান বা অমুছলমান যিয়েই
নহওঁক কিয় এজন মানুহ হত্যা কৰা মানে সমগ্ৰ মানৱ জাতিক হত্যা কৰা আৰু এজন
মানুহক মৃত্যুৰ হাতৰপৰা ৰক্ষা কৰাৰ মানে হ’ল, সমগ্র মানৱ জাতিক মৃত্যুৰ হাতৰপৰা ৰক্ষা কৰা।
বিশ্বভ্রাতৃত্ব ৰক্ষাৰ
কাৰণে কোৰআন আৰু হাদীছত এনেকুৱা বহু নিদর্শন আছে। কোৰআনত ঘোষণা কৰিছে- তোমালোকে
তোমালোকৰ প্ৰতিবেশীক ভালপোৱা আৰু সাহায্য প্রদান কৰা উচিত।
নবী(ছাঃ)এ কৈছে, সেইজন মমিন নহয়, যিজনে পেট পূৰাই
আহাৰ গ্ৰহণ কৰি টোপনি যায়,
অথচ প্রতিবেশী অনাহাৰে থাকে।
ইয়াত বিশেষ কোনো জাতি-সম্প্ৰদায়ৰ কথা কোৱা হোৱা নাই, প্রতিবেশীৰ কথাহে
কোৱা হৈছে।
নামাজ বিশ্বভ্রাতৃত্বৰ
উৎকৃষ্ট উদাহৰণ। নামাজৰ সময়ত ধনী-দুখীয়া, ৰজা-প্ৰজা কান্ধত কান্ধ মিলাই থিয় হয়।
ইয়াৰদ্বাৰা বিশ্বভ্রাতৃত্ব জাগ্রত হয় আৰু গোত্র, শ্রেণী, বর্ণ, ধনী-দুখীয়া, ৰজা-প্ৰজাৰ ব্যৱধান আঁতৰ হয়। হজ্জ
বিশ্বভ্রাতৃত্বৰ এক উৎকৃষ্টতম উদাহৰণ। প্রত্যেক বছৰ সমগ্ৰ বিশ্বৰপৰা ২৫ লাখ লোক হজ্জ সমাপনৰ
কাৰণে মক্কালৈ যায়। ধনী-দুখীয়া, বগা-ক’লা মানুহ পৃথিবীৰ যিকোনো ঠাইৰ পৰাই নাহক কিয়, আটায়ে চিলাই
নকৰা দুটুকুৰা বগা বস্ত্ৰ পৰিধান কৰিব লগা হয়। ইয়াৰদ্বাৰা ধনী-দুখীয়া, বগা-ক'লাৰ ব্যৱধান আঁতৰ
হয় আৰু বিশ্ব ভ্রাতৃত্বৰ ভেটি সুদৃঢ় হয়। যাকাতো বিশ্বভ্রাতৃত্বৰ আন এক উদাহৰণ। যাকাতে
ধনী-দুখীয়াৰ মাজত ভ্ৰাতৃত্বৰ বন্ধন সুদৃঢ় কৰে। এজনে আনজনক সহায় কৰাৰ মানসিকতা
সৃষ্টি কৰে।
অগ্রদূত-২২ জুলাই/২০১১
মিতব্যয়িতা
ইছলামিক আদৰ্শৰ অংগ
প্ৰতিগৰাকী ব্যক্তিক
ইছলামে অৰ্থ ব্যয়ৰ ক্ষেত্ৰত মধ্যম পন্থা আৰু মিতব্যয়িতা অৱলম্বন কৰিবলৈ নির্দেশ
দিছে। মানুহে যাতে নিজৰ উপার্জিত ধন- সম্পদ ব্যয় আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সংকীর্ণতা
বা কৃপণতা আৰু মাত্ৰাধিক্য খৰচ বা অপচয়ৰ পথ অৱলম্বন কৰি অৰ্থ বণ্টনৰ ভাৰসাম্য
ক্ষতিগ্রস্ত কৰিব নোৱাৰে তাৰ বাবেই ইছলাম এই নির্দেশ প্রদান কৰিছে। এই সম্পর্কে আল্লাহই পবিত্র
কোৰআনত উল্লেখ কৰিছে– তুমি নিজৰ হাত
ডিঙিৰ লগত বান্ধি নাৰাখিবা, নাইবা একেবাৰে
উন্মুক্ত কৰিও নাৰাখিবা, কিয়নো তেনে
কৰিলে তুমি অনুতপ্ত আৰু ক্ষতিগ্রস্ত হৈ বহি থাকিবলৈ বাধ্য হ’বা। (ছুৰা বনি
ইস্রাইল- ৩০) আন এটি আয়াতত উল্লেখ কৰিছে– আল্লাহৰ পূণ্যবান বান্দা সেইসকল, যিসকলে অপচয় বা
অপব্যয় খৰচ নকৰে, নাইবা কোনো ধৰণৰ
কৃপণতা নকৰে, বৰং তেওঁলোকে
দুয়োৰে মাজত মধ্যম পন্থা অৱলম্বন কৰে।
অতিৰিক্ত অর্থ ব্যয় বা
অপচয় কৰিলে এজন মানুহ শেষত গৈ নিঃস্ব হৈ অর্থ সাহায্যৰ কাৰণে বেলেগৰ ওচৰত হাত
পাতিবলৈ বাধ্য হ’ব, নাইবা বেলেগৰ উপাৰ্জনৰ
অংশ কাঢ়ি ল’ব, অথবা নিজৰ নিঃস্ব
অৱস্থাৰ পৰা সকাহ পাবলৈ বেলেগৰপৰা ঋণ ল’বলৈ বাধ্য হ’ব। ঋণ লৈ সেই ঋণৰ টকা পৰিশোধ কৰিব
নোৱাৰিব। শেষত গৈ ইমানেই ঋণগ্রস্ত হৈ পৰিব যে, সেই ঋণ পৰিশোধ কৰিবলৈ গৈ নিজৰ আৰ্থিক
উপায়-উপাদানৰ উৎস তথা সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিব আৰু
নিজেই এদিন ভিখাৰীৰ পৰ্যায়লৈ অৱনমিত হ’ব। এয়া যে এজন মানুহৰ কাৰণে খুবেই মর্মান্তিক
অৱস্থা ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। পক্ষান্তৰে একেবাৰে কৃপণ হোৱাও উচিত নহয়। আর্থিক
উপায়-উপাদানৰপৰা যিমানখিনি ব্যয় কৰিবলৈ ইছলামে নিৰ্দেশ প্ৰদান কৰিছে
তাতকৈ কম ব্যয় কৰাও উচিত নহয়। আনহাতে, নিজৰ আয়ৰ সীমাৰ ভিতৰত থাকি সম্পদ ব্যয় কৰাৰ অৰ্থ
এইটো নহয় যে, ভাল উপার্জন কৰিব পাৰিলেই তেওঁ নিজৰ আয়ৰ
সমগ্ৰ অংশ নিজৰ সুখ-স্বাচ্ছন্দ্য, বিলাসিতাৰ কাৰণে ব্যয় কৰিব পাৰিব। কিয়নো এজনে নিজৰ ভাল
উপাৰ্জনৰ সুযোগ লৈ বিলাস-ব্যসনত মগ্ন থাকিব আৰু তেওঁৰ নিকট আত্মীয়, বন্ধু-বান্ধৱ আৰু
প্ৰতিবেশী লোকসকল চৰম দৰিদ্ৰতা, অনাহাৰ-অনিন্দ্ৰা, দুখ-কষ্টৰ মাজত জীৱন অতিবাহিত
কৰিব। এই অমানৱীয় ব্যৱস্থা ইছলামিক অর্থ ব্যৱস্থাই কোনো পৰিস্থিতিতেই সমর্থন
নকৰে। এই সম্পর্কে আল্লাহই কোৰআনত ঘোষণা কৰিছে– ‘আৰু আত্মীয়-স্বজন আৰু দীন-দুখীয়া আৰু পথচাৰীক
সিহঁতৰ ন্যায্য স্বত্ব প্ৰদান কৰিবা আৰু অপৰিমিত ধন ব্যয় নকৰিবা।' যিসকলে অপৰিমিত ধন ব্যয়
কৰে সিহঁত নিশ্চয় চয়তানৰ ভাই-ককাই আৰু চয়তান হৈছে নিজৰ প্ৰভুৰ প্ৰতি অশলাগী।
(ছুৰা বনি ইস্রাইলঃ ২৭, ২৮)
ইছলাম এই ক্ষেত্ৰত মাথোন
নৈতিক শিক্ষা দিয়েই ক্ষ্যান্ত থকা নাই নাইবা ঘোষণাকেই যথেষ্ট বুলি ভবা নাই। কৃপণতা
আৰু অপব্যয়ৰ জঘন্য ধৰণক প্ৰতিৰোধ কৰাৰ কাৰণে আইনো প্রণয়ন কৰিছে ইছলাম।
ধন আৱণ্টনৰ ভাৰসাম্য বাধাগ্রস্ত কৰিব পৰা যাৱতীয় নিয়ম-নীতি বন্ধ কৰা কাৰণে
ইছলামে প্রচেষ্টাও হাতত
লৈছে। ইছলামে জুৱাখেলক হাৰাম ঘোষণা কৰিছে। মদ্যপান, খেল-ধেমালি, আনন্দ-স্ফূৰ্তিৰ কাৰণে ব্যয়, বাহুল্য বহুবিধ
বেয়া অভ্যাস ত্যাগ কৰিবলৈ সম্পূৰ্ণৰূপে নিষেধ কৰিছে ইছলাম। আল্লাহই কোৰআনৰ ছুৰা মায়িদাৰ
৯১ আৰু ৯২ নং আয়াতত ঘোষণা কৰিছে– হে’
বিশ্বাসীসকল, মাদক দ্রব্য, জুৱাখেল আৰু
যজ্ঞৰ শিলত বলিদান আৰু কাঁড়ৰ দ্বাৰা ভাগ্য নির্ণয়,— এইবোৰ চয়তানৰ ঘৃণনীয় কাৰ্যসমূহৰ অংশহে মাথোন, এনে কার্য তোমালোকে
পৰিত্যাগ কৰিবা, সম্ভৱতঃ তোমালোক
সফলকাম হ’ব পাৰিবা। ‘চয়তানে ইয়াকে
ইচ্ছা কৰে, মাদক দ্রব্য আৰু
জুৱাখেলৰ দ্বাৰা তোমালোকৰ ভিতৰত শত্ৰুতা আৰু বিদ্বেষ জন্মায় আৰু আল্লাহৰ
স্মৰণৰ পৰা আৰু নামাজৰপৰা তোমালোকক বিৰত কৰে, সেই দেখি (এনে কাৰ্যৰ পৰা) তোমালোক ক্ষান্ত হ’বানে?
মদ্যপান, জুৱাখেল, ৰং-ধেমালিত সময়
আৰু সম্পদৰ অপচয় হয় বুলি ইছলামে এইবোৰ কঠোৰভাবে নিষিদ্ধ কৰিছে। গীত—বাদ্যৰ স্বাভাৱিক আকর্ষণে বহু
প্ৰকাৰ নৈতিক আৰু আধ্যাত্মিক দোষ-ত্রুটি উদ্ভৱ কৰাৰ লগতে অর্থনৈতিক জীৱনতো বিপর্যয়
সৃষ্টিৰ কাৰণ হয় বুলি ইছলামে গীত-বাদ্যকো নিষিদ্ধ কৰিছে। ৰূপ সৌন্দর্য লিপ্সাকো বিশেষ এক
সীমাৰ মাজত নিয়ন্ত্ৰণ কৰে ইছলাম। মূল্যবান পোছাক-পৰিচ্ছদ, হীৰা-জহৰত খচিত
অলংকাৰ, সোণ-ৰূপেৰে
নিৰ্মিত পাত্ৰ, চিত্ৰ আৰু
প্ৰতিমূৰ্তি সম্পর্কে নবী(ছাঃ)ৰ তৰফৰ পৰা যিবিলাক বিধি-বিধান বর্ণিত হৈছে, সেই বিলাকত বিশেষ
কল্যাণ আৰু গভীৰ যুক্তিৰ যথাৰ্থতা নিহিত হৈ আছে। এই ক্ষেত্ৰত এক প্রধান কল্যাণকৰ নীতি এই
যে, যিসমূহ ধন-সম্পদ
অসংখ্য দৰিদ্ৰৰ নিন্মতম প্রয়োজন পূৰণৰ স্বাৰ্থত ব্যয় হ’ব পাৰে, সিহঁতৰ জীৱন
ধাৰণৰ কাৰণে অপৰিহাৰ্য পণ্য দ্রব্যাদি পৰিৱেশন কৰিব পাৰে, সেয়া মাথোন এজনৰ
দেহ আৰু গৃহসজ্জাৰ কাৰণে ব্যয় কৰাটো কোনোপধ্যেই ৰুচিবোধৰ পৰিচয় হ’ব নোৱাৰে।
তেনেকুৱা কৰিলে, নির্মমতা আৰু
জঘন্য স্বাৰ্থপৰতাই প্রমাণিত হ’ব। ইছলামত স্বাৰ্থপৰতাৰ স্থান নাই। যি
অতিৰিক্ত সম্পদ সমাজৰ কল্যাণত ব্যৱহাৰ নহয় তেনেকুৱা সম্পদ ইছলামে সমর্থন নকৰে।
নৈতিক শিক্ষাৰ লগতে দণ্ড বিধানৰ জৰিয়তে ইছলামে মানুহক এক সহজ-সৰল জীৱন যাপনৰ কাৰণে
অনুপ্রাণিত কৰে।
ইছলামে সহজ-সৰল জীৱন যাপন
কৰিবলৈ অনুপ্রাণিত কৰাৰ ফলত মানুহৰ লোভ-লালসা চৰিতাৰ্থৰ ক্ষেত্ৰ অধিক প্রশস্ত হ’ব নোৱাৰে। ফলত মানুহ মধ্যম মানৰ
জীৱন যাপন কৰিবলৈ অভ্যস্ত হৈ পৰে। মধ্যম মানৰ জীৱন যাপনত অভ্যস্ত হ’লে মানুহৰ
প্ৰয়োজনৰ মাত্রা হ্রাস পায়। ফলত মানুহৰ অতিৰিক্ত প্রয়োজন পূৰণৰ বাবে বেলেগ উপাৰ্জনৰ
কাৰণে অংশগ্ৰহণ কৰাৰো প্ৰয়োজন নোহোৱা হয়। পক্ষান্তৰে বেলেগ নিম্নমানৰ
উপাৰ্জনকাৰীক তেওঁ প্ৰয়োজনত সহায়হে কৰিব পাৰে আৰু দুখীয়া মানুহৰ ন্যুনতম প্রয়োজন পূৰণৰ
বাবেও সময়ে সময়ে সহায়ৰ হাত আগবঢ়াব পাৰে। ব্যয়ৰ ক্ষেত্ৰত মধ্যমপন্থা
অৱলম্বনকাৰীসকল কেতিয়াও চৰম দুখ-কষ্ট আৰু আৰ্থিক দৈন্যত পতিত নহয় ৷
অগ্রদূত- ২
চেপ্টেম্বৰ/২০১১
নাৰী শিক্ষা আৰু
ইছলাম
বিদ্যা শিক্ষা লাভ কৰাৰ
কাৰণে ইছলামে মাথোন সুযোগে দিয়া নাই, ফৰজো কৰিছে। হাদীছত আছে, ইলমে দ্বীন
(ধর্মীয় শিক্ষা) প্রত্যেক নৰ-নাৰীৰ কাৰণে ফজ। নবী(ছাঃ)এ পুৰুষসকলৰ কাৰণে যিদৰে
ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা কৰিছিল, ঠিক সেইদৰে মহিলাসকলৰ কাৰণেও ধর্মীয় শিক্ষাৰ ব্যৱস্থা কৰিছিল।
কৃতদাসীসকলক শিক্ষা প্ৰদানৰ কাৰণেও নবী(ছাঃ)এ সিহঁতৰ গৰাকীসকলক নির্দেশ দিছিল।
এনেকি তেওঁ মহিলাসকলৰ শিক্ষাৰ কাৰণে বিকল্প পন্থাৰ ব্যৱস্থা কৰিছিল। ইমাম বুখাৰী
(ৰহঃ)এ তেওঁৰ পবিত্ৰ গ্ৰন্থ বুখাৰী শ্বৰীফত মহিলাসকলৰ শিক্ষাৰ কাৰণে স্বতন্ত্র এটি
শিৰোনামা ৰচনা কৰি থৈ গৈছে। যাৰদ্বাৰা মুছলিম নাৰী শিক্ষাৰ কাৰণে স্বতন্ত্ৰ ব্যৱস্থাৰ গুৰুত্ব
উপলব্ধি কৰিবপৰা যায়। উক্ত শিৰোনামাত চাহাবী আৰু তায়েবীন যুগৰ বহু বিদুষী বিজ্ঞানী, হাদীছ বিশাৰদ
মুছলিম মহিলাৰ কথা উল্লেখ থকা দেখা যায়। হজৰত আয়েচা, আছমা, উম্মে দাদা, ফাতিমা বিন্তে
কায়েছ(ৰাজিঃ) প্রভৃতি চাহাবীসকলৰ নাম এই ক্ষেত্ৰত বিশেষভাবে
উল্লেখযোগ্য। হজৰত আয়েচা(ৰাজিঃ)ৰ ওচৰত বহু চাহাবা আৰু তায়েবীনসকলে বিভিন্ন
বিষয়ৰ শিক্ষা লাভ কৰিছিল বুলি জনা যায়।
নবী(ছাঃ)এ কৈছে- তোমালোকৰ
মাজত সেইজনেই সর্বোত্তম যিজনে শিক্ষা লাভ কৰে আৰু আনকো শিক্ষা দিয়ে।(মিচকাত
শ্বৰীফ)।
উক্ত হাদীছত ইলম শিক্ষাৰ
কথা কোৱা হৈছে আৰু পুৰুষসকলৰ দৰে মহিলাসকলেও ইলম শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন বুলি
উল্লেখ কৰিছে। হজৰত মৌলনা আশ্রাফ আলী থানভী(ৰহঃ)ই প্রত্যেক অঞ্চলৰ
মহিলাক একত্ৰিত কৰি দ্বীনি শিক্ষা প্ৰদানৰ প্ৰয়োজনীয়তাৰ কথা ‘বেহেস্তৰ জেওৰ’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে।
মাথোন নামাজ-ৰোজাৰ আনুষংগিক বিষয়, কোৰআন তেলাওয়াৎ আৰু সামান্য তছবীহ তাহলীল
জানিলেই ইছলামিক জ্ঞান অর্জন কৰা নহয়, বৰং ইছলামিক বিধি, ধর্মাচৰণ, ব্যৱহাৰিক জীৱন
পদ্ধতি আৰু সামাজিক বিধি-বিধানৰ জ্ঞান অর্জন কৰি নিজে সেই অনুসৰি আচৰণ কৰা আৰু বেলেগ মুছলমানকো
শ্বৰিয়ৰ বিধান অনুসৰি আচৰণ কৰিবলৈ শিক্ষা দিয়া আৰু উৎসাহিত কৰা প্ৰত্যেক মুছলমান
পুৰুষ-মহিলাৰ কাৰণে প্ৰয়োজন বুলি উক্ত গ্ৰন্থত উল্লেখ কৰিছে। কাৰণ ধৰ্মীয় বিধান
অবিহনে সমাজ সংস্কাৰ কৰা সম্ভৱ নহয়। একমাত্ৰ ধৰ্মীয় শিক্ষাইহে সুস্থ আৰু মৰ্যদা
সম্পন্ন সমাজ গঠন কৰিব পাৰে।
হজৰত আম্বিয়া
বাগদাদী(ৰহঃ) নামৰ এগৰাকী মহিলাই মদিনাত ইমাম মালেক(ৰহঃ)ৰ ওচৰত ইলমে হাদীছ আৰু
ইমাম শাফেী(ৰহঃ)ৰ ওচৰত ইলমে ফিকাহৰ শিক্ষা লাভ কৰিছিল। এনেকৈ ইছলামৰ
প্ৰথম যুগত মহিলাসকলে ফিকাহ, হাদীছ, তফছীৰ আৰু তাছাউফ(আধ্যাত্মিক)ৰ বিশদ জ্ঞান লাভ কৰি ইছলামী
আদৰ্শ প্ৰচাৰৰ কামত আত্মনিয়োগ কৰিছিল। কিন্তু তেওঁলোকে এই শিক্ষা লাভ আৰু প্ৰচাৰ
কাৰ্য পৰ্দাহীনভাবে কৰা নাছিল। সম্পূর্ণ পৰ্দাৰ মাজত থাকিয়ে এই কাৰ্য সমাধা কৰিছিল।
অতীতত মুছলিম মনীষীসকলৰ পত্নীসকলে ইছলামী শিক্ষা গ্ৰহণ কৰি সেই শিক্ষা মহিলাসকলৰ
মাজত পৰ্দাৰ মাজত থাকিয়ে
ব্যাপকভাবে প্ৰচাৰ কৰিছিল বুলি ‘মাদখাল’ নামৰ এখন গ্ৰন্থত উল্লেখ আছে। যাৰ ফলত সেইসকল বিদুষী মহিলাৰ
গৰ্ভত বিখ্যাত উলেমা, আউলিয়া আৰু
ইমামৰ জন্ম হৈছিল। যিসকলৰ দৃষ্টান্ত সাম্প্ৰতিক বিশ্বত বিৰল।
পুৰুষৰ শিক্ষাৰ কাৰণে
যিসমূহ সুযোগ-সুবিধা আছে,
পদাজনিত কাৰণত
ইছলামী মহিলাৰ শিক্ষা গ্ৰহণৰ সুবিধা কিছু সীমিত। সেয়ে ইছলাম বিকল্প শিক্ষা পদ্ধতিৰ
ব্যৱস্থা কৰি মুছলিম মহিলাসকলক জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰত পুৰুষৰ সমানে আগবঢ়াই
নিয়াৰ পোষকতা কৰে। ইছলামে নাৰীৰ শিক্ষাৰ পোষকতা কৰে যদিও সহশিক্ষা সমৰ্থন নকৰে। ইছলাম
মহিলাৰ কাৰণে স্বতন্ত্র শিক্ষা প্রতিষ্ঠান প্রতিষ্ঠা কৰি শ্বৰিয়ৰ নীতি অনুসৰি
মহিলাসকলৰ চৰিত্ৰ গঠনৰ পোষকতা কৰে। সেয়ে বিশ্বৰ সৰ্বত্ৰ মহিলাসকলৰ কাৰণে স্বতন্ত্র মাদ্ৰাছা
প্রতিষ্ঠা কৰা হৈছে।
ইছলামৰ স্বৰ্ণযুগৰ পৰা
আৰম্ভ কৰি পৃথিবীৰ সৰ্বত্ৰ ইহুদি আৰু খ্ৰীষ্টান মহিলাসকলে আধিপত্য বিস্তাৰ কৰিছে।
এই ক্ষেত্ৰত মুছলিম মহিলাসকলো পিছ পৰি থকা নাই। শিক্ষা সভ্যতাত পুৰুষৰ
সমান্তৰালভাবে মুছলিম মহিলাসকলো আগবাঢ়ি গৈছে। কিন্তু কর্মক্ষেত্ৰত মুছলিম মহিলাৰ
অংশ গ্রহণ কম কাৰণে বহুতে মুছলিম মহিলাক পৰ্দাৰ মাজত আৱদ্ধ ৰাখি শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত
কৰি ৰখা হৈছে বুলি অপবাদ দিব খোজে। কিন্তু এই অপবাদৰ কোনো ভিত্তি নাই।
বিভিন্ন অসুবিধাৰ কথা চিন্তা কৰিহে ইছলামে নাৰী আৰু পুৰুষৰ কৰ্মক্ষেত্ৰ পৃথক কৰিছে
আৰু মহিলাক পুৰুষৰ কৰ্মক্ষেত্ৰৰ পৰা আঁতৰাই ৰাখিছে। নাৰী আৰু পুৰুষৰ কৰ্মক্ষেত্ৰ কি
কাৰণত পৃথক কৰা হৈছে এই সম্পৰ্কে ইছলামৰ দৃষ্টিত পৰ্দাৰ হুকুম নামৰ গ্ৰন্থ দুটা
উদাহৰণ দাঙি ধৰা হৈছে-
(১) কোনো নাৰী শিক্ষা-দীক্ষাত চৰম উন্নতি কৰি
কোনো এখন দেশৰ আইন সভাৰ সদস্যা বা বিখ্যাত ৰাজনৈতিক দলৰ নেত্ৰী হ'ল; কিন্তু প্ৰকৃতিৰ স্বাভাৱিক
নিয়মত তেওঁ গৰ্ভৱতী হ’ল। তেতিয়া তেওঁৰ
অৱস্থা কি হ’ব পাৰে? এফালে দলৰ সফলতাৰ
কামনা আৰু আনফালে গৰ্ভাৱস্থাৰ স্বাস্থ্যবিধি আৰু অন্যান্য সতর্কতামূলক ব্যৱস্থা অনুসৰণৰ
অপৰিহাৰ্যতা। দলৰ প্ৰতি পিঠি দিলে দলৰ বিপৰ্যয় আৰু আনফালে গৰ্ভাৱস্থাত ল’ব লগা সাৱধানতাৰ
ফালে পিঠি দিলে নিজৰ আৰু গৰ্ভজাত সন্তানৰ বিপদ মাতি আনিব পাৰে। তেতিয়া তেওঁ কোনটো
দিশ চম্ভালিব? নিজৰ আৰু গৰ্ভজাত
সন্তানৰ, নে দলৰ? এনেকুৱা ক্ষেত্ৰত
ইছলাম নেতৃত্বতকৈ সন্তানৰ নিৰাপত্তাৰ কথাত অধিক গুৰুত্ব প্ৰদান কৰিছে।
(২) দ্বিতীয়টো উদাহৰণত উল্লেখ কৰিছে- এগৰাকী
নাৰী নিজৰ প্ৰতিভাৰ বলত এগৰাকী সুদক্ষ বেৰিষ্টাৰ বা এডভোকেট হিচাপে আত্মপ্রকাশ
কৰিলে। সৌভাগ্যক্রমে প্ৰকৃতিৰ নিয়মত তেওঁৰ কোলাত এটি নৱজাত শিশুৰ আগমন হ’ল আৰু শিশুটিয়ে
মাতৃৰ ওচৰত প্ৰাপ্য স্নেহ আৰু মাতৃদুগ্ধৰ কাৰণে ব্যাকুলভাবে
প্রতীক্ষাৰত। এই অৱস্থাত যদি মহিলাগৰাকী মামলাৰ সাফল্যৰ চিন্তাত দিনে-নিশা আইনৰ
ডাঙৰ ডাঙৰ কিতাপ আৰু
নথি-পত্ৰলৈ ব্যস্ত থাকিব লগা হয়, তেওঁৰ বাবে সন্তানক যথোপযুক্ত প্রতিপালন আৰু প্ৰাপ্য স্নেহ
প্ৰদান কৰা সম্ভৱ হ’বনে? এফালে হতভাগা
শিশুটিয়ে মাতৃ-স্নেহ আৰু দুগ্ধৰ কাৰণে ব্যাকুলভাবে বাট চাই থাকিব আৰু আনফালে
মাতৃয়ে জজৰ সন্মুখত থিয় দি মক্কেলৰ হৈ বিপক্ষ উকিলৰ লগত যুক্তি-তৰ্কত
ব্যস্ত থাকিব। এই ক্ষেত্ৰত শিশুটিৰ সুস্থ বিকাশত বাধা জন্মাটোতেনেই স্বাভাৱিক।
সেয়ে ইছলাম নাৰী
শিক্ষাৰ প্ৰতি বিশেষভাবে গুৰুত্ব প্ৰদান কৰিলেও সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি
নাৰী আৰু পুৰুষৰ কৰ্মক্ষেত্ৰৰ সীমা নিৰ্দ্ধাৰণ কৰি দিছে। ইয়াকে
বহুতে ইছলাম নাৰী শিক্ষা আৰু নাৰীৰ উন্নতিৰ প্ৰতি উদাসীন বুলি প্ৰচাৰ কৰি
বিশ্বমানৱক বিপথে পৰিচালিত কৰাৰ কাৰণে চেষ্টা চলাই আছে। প্রকৃতিক বা স্বাভাৱিক
কর্তব্য বা দায়িত্ব পালনত অসুবিধাৰ কথা চিন্তা কৰিহে ইছলাম মহিলাসকলক ৰাজনৈতিক আৰু সাংস্কৃতিক
ক্ষেত্ৰৰ পৰা যথাসম্ভৱ আঁতৰি থকাৰ কাৰণে উপদেশ দিছে।
নাৰী আৰু পুৰুষৰ পৃথক
পৃথক কৰ্মৰ মিলিত ফলাফলেই পৃথিবীৰ বুকুত মানৱ সভ্যতা আৰু সংস্কৃতিৰ ধাৰা
প্ৰবাহমান। পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে একনিষ্ঠভাবে কৰ্ম কৰিলেহে এই
পৃথিবীখন সৰ্বাংগ সুন্দৰ হ’ব। বহুতেই নাৰী
আৰু পুৰুষৰ সমঅধিকাৰৰ কথা ক’ব খোজে। অর্থাৎ নাৰী আৰু পুৰুষৰ মাজত কৰ্মৰ কোনো
পার্থক্য ৰাখিব নিবিচাৰে। কিন্তু সৃষ্টিগত যোগ্যতা অনুসৰি নাৰীৰ ওপৰত যি দায়িত্বভাৰ
ন্যস্ত কৰা হৈছে সেইসমূহ কৰ্মৰ প্ৰতি পিঠি দি পুৰুষৰ কৰ্মক্ষেত্ৰত সহযোগ কৰিব
বিচাৰিলে সেয়া অনধিকাৰ চৰ্চালৈ পর্যবসিত হ’ব আৰু অনধিকাৰ চৰ্চাই কেতিয়াও সমাজৰ মংগল সাধন
কৰিব নোৱাৰে। সেয়ে ইছলাম কোনো পৰিস্থিতিতেই অনধিকাৰ চৰ্চা সমর্থন নকৰে। পাৰিবাৰিক
ক্ষেত্ৰত নাৰীক যি দায়িত্ব অর্পণ কৰা হৈছে সেই দায়িত্ব পুৰুষৰ দায়িত্বতকৈ কোনো গুণে
কম নহয়। ভাবী নাগৰিকৰ জন্ম, ৰক্ষণাবেক্ষণ, প্রতিপালনৰ যি
গুৰু দায়িত্ব নাৰীৰ ওপৰত ন্যস্ত কৰা হৈছে, তাৰ উপৰিও যদি সম অধিকাৰৰ নামত পুৰুষৰ
কৰ্মক্ষেত্ৰ অফিচ- আদালত, কল-কাৰখানাত
অনধিকাৰ চৰ্চা কৰিবলৈ যায় তেনেহ'লে সেয়া প্রকৃতি বিৰুদ্ধ কাম হ’ব আৰু প্ৰকৃতি বিৰুদ্ধ
কৰ্মই কেতিয়াও সমাজৰ মংগল সাধন কৰিব নোৱাৰে; বৰং ক্ষতি সাধন কৰাৰহে সম্ভাৱনা অধিক থাকে।
দৈনিক অগ্রদূত-২৪
আগষ্ট/২০১২
ইছলামত প্রভু
সম্পৰ্কীয় ধাৰণা
কোৰআন তৌহিদ অর্থাৎ
একেশ্বৰবাদৰ ধাৰণা উপস্থাপন কৰিছে। সুমহান আল্লাহ সম্পর্কে আটাইতকৈ গ্রহণযোগ্য আৰু
সংক্ষিপ্ত পৰিচিতি পবিত্র কোৰআনৰ ১২ নং ছুৰা ইখলাচত সন্নিৱিষ্ট কৰা হৈছে। ছুৰা ইখলাচৰ
১-৪ নং আয়াতত উল্লেখ আছে- সেইজনাই আল্লাহ যিজনা এক আৰু একক। আল্লাহ চিৰন্তন আৰু স্বয়ং
সম্পূর্ণ। আল্লাহ কাৰো মুখাপেক্ষী নহয়। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁকো কোনেও জন্ম দিয়া
নাই। আল্লাহ সর্বশক্তিমান,
সর্বজ্ঞ। তেওঁৰ
সমকক্ষ কোনো নহয়। ছুৰা ইখলাচত সন্নিৱিষ্ট থকা ‘আচ চামাদ’ আৰবী শব্দটোৰ অৰ্থ হৈছে, চিৰন্তন
অস্তিত্বৰ অধিকাৰী হোৱাৰ গুণ একমাত্র আল্লাহৰ কাৰণে প্রযোজ্য। আল্লাহৰ বাহিৰে
বিশ্বৰ অন্যান্য প্ৰাণীৰ অস্তিত্ব ক্ষণস্থায়ী আৰু চৰ্ত সাপেক্ষ। ইয়াৰ
সমাৰ্থ হ’ল, আল্লাহ কোনো
ব্যক্তি বা বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰং মানৱসমাজ সহ অন্যান্য সকলো প্ৰাণী আৰু
বস্তুই আল্লাহৰ ওপৰত নিৰ্ভৰশীল। ছুৰা ইখলাচ হৈছে, ধর্মতত্বৰ কষ্টিপাথৰ। গ্রীক শব্দ থিয়’লজি (Theology)ৰ ভাঙনি এনে ধৰণৰ- থিয়’ (Theo)শব্দৰ অৰ্থ হ’ল প্ৰভু আৰু ল’জি(logy) শব্দৰ অৰ্থ হ’ল তত্ব। অর্থাৎ
থিয়’লজি শব্দৰ
সম্পূৰ্ণ অৰ্থ হ’ল প্ৰভুতত্ব।
ছুৰা ইখলাচ হ’ল প্ৰভুতত্বৰ
কষ্টি পাথৰ। কষ্টি পাথৰৰ জৰিয়তে সোণৰ বিশুদ্ধতা আৰু ভেজাল প্ৰমাণ কৰা হয়।
পক্ষান্তৰে ছুৰা ইখলাচৰ জৰিয়তে প্ৰভুৰ বিশুদ্ধতা আৰু ভেজাল প্ৰমাণ
কৰিবপৰা যায়। কাৰণ ছুৰা ইখলাচত সন্নিৱিষ্ট কৰা হৈছে এজন প্ৰকৃত উপাস্য প্ৰভুৰ
প্ৰকৃত গুণাৱলী। ছুৰা
ইখলাচত সংক্ষিপ্তভাবে মহান আল্লাহৰ প্ৰকৃত পৰিচিতি দাঙি ধৰা হৈছে। যদি কোনোবাই
সর্বশক্তিমান আল্লাহৰ প্ৰতি আনুগত্যআৰু বিশ্বাস প্ৰদৰ্শনৰ দাবী কৰে তেনেহ'লে তেওঁ ছুৰা
ইখলাচৰ লগত একাত্ম হোৱাৰ কথা ঘোষণা কৰিব লাগিব। অর্থাৎ আল্লাহৰ একত্ব
আৰু আল্লাহ চিৰন্তন, সৰ্বশক্তিমান, কাৰো মুখাপেক্ষী
নহয় বুলি সৰ্বান্তকৰণেৰে বিশ্বাস আৰু স্বীকাৰ কৰিব লাগিব। ছুৰা ইখলাচৰ জৰিয়তে প্ৰকৃত প্ৰভু আৰু
ভিত্তিহীন প্ৰভুৰ মাজত থকা পার্থক্য অনুধাৱন কৰিব পাৰি। বিশ্বৰ মানুহে যিবিলাক
উপাস্যৰ উপাসনা কৰে সেইবিলাক উপাস্যৰ যদি ছুৰা ইখলাচত বর্ণিত গুণাৱলী থাকে
তেনেহ'লে সেইজন প্রকৃত
উপাস্য আৰু যদি ছুৰা ইখলাচত বর্ণিত গুণাৱলী নাই তেনেহ'লে সেইজন
ভিত্তিহীন উপাস্য। তেওঁক উপাসনা কৰাৰ কোনো যুক্তি-যুক্ততা নাই।
পবিত্র কোৰআনৰ বনি
ইস্ৰাইলৰ ১১১ নং আয়াতত উল্লেখ আছে- (হে’ ৰছুল), তুমি সিহঁতক কোৱা, তোমালোকে (মোৰ
প্ৰভুক) আল্লাহ নামেৰে আহ্বান কৰা নাইবা ৰহমান (দয়ালু) নামেৰে আহ্বান কৰা, অর্থাৎ যি
নামেৰেই আহ্বান কৰা(একে কথা)। কিয়নো তেওঁৰ যিমানবিলাক নাম আছে
সকলোবোৰেই অতি উৎকৃষ্ট।
আল্লাহ সর্বশক্তিমান।
সকলো প্ৰকাৰ গুণাৱলীৰে গুণান্বিত। গুণাৱলীৰ লগত সম্পর্কিত আল্লাহৰ নিৰানব্বৈটা
উৎকৃষ্ট নাম আছে। প্ৰতিটো নামেই প্ৰকাশ কৰিছে সুমহান আল্লাহৰ সুমহান
গুণাৱলী। এই নিৰানব্বৈটা নামৰ যিকোনো নামেৰে সুমহান আল্লাহক আহ্বান কৰিব পাৰি। এই নিৰানব্বৈটা
নামৰ মাজত মহান আল্লাহৰ গুণাৱলীৰ ৰূপ উদ্ভাসিত হয়। অৱশ্যে এই নিৰানব্বৈটা নামৰ
মাজত এটা নাম হিৰন্ময় অর্থাৎ সোণৰ দৰে
উজ্জ্বল। আৰু সেই নামটোৱে হ’ল ‘আল্লাহ’। ছুৰা আল আৰাকৰ
১৮১ নং আয়াতত আছে- আৰু সকলো উৎকৃষ্ট নামসমূহৰ যোগ্য হৈছে আল্লাহ।
সেয়ে সেইসমূহ নাম মনত ৰাখি তেওঁক(আল্লাহক) আহ্বান কৰিবা। আৰু যিবোৰে বিকৃত মনোভাৱ
পোষণ কৰে সিহঁতৰ সংগ ত্যাগ কৰা। যি কাৰ্য সিহঁতে কৰিছিল অদূৰ ভৱিষ্যতে সেই কাৰ্যৰ বাবে
সিহঁতক (উচিত) প্রতিফল প্ৰদান কৰা হ’ব।
ছুৰা ত্বাহাৰ ৮ নং আয়াতত
আছে- তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন
কোনো উপাস্য নাই।
ছুৰা আল হাছৰৰ ২৩, 24 আৰু ২৫ নং
আয়াতত আল্লাহৰ গুণাৱলী সম্পর্কে উল্লেখ আছে। ২৩ নং আয়াতত আছে- সেইজনাই আল্লাহ আৰু কোনো প্রভু
নাই সেইজনাৰ বাহিৰে, যিজনা অদৃশ্য আৰু
বিদ্যমান উভয় বিষয়ে সম্পূৰ্ণ অৱগত। সেইজনাই হৈছে সুপ্রসন্ন, কৰুণাময়। ২৪ নং আয়াতত
আছে- সেইজনাই হৈছে আল্লাহ,
আৰু কোনো নাই
তেওঁৰ বাহিৰে, তেওঁ সার্বভৌম, পবিত্র, শান্তিৰ মূল, নিৰাপত্তা প্রদানকাৰী, ৰক্ষক, গৌৰৱান্বিত।
আল্লাহ হৈছে পবিত্ৰ, তেওঁৰ সৈতে
সমকক্ষ কৰা সকলৰ বহু ওপৰত। ২৫ নং আয়াতত আছে- সেইজনাই হৈছে আল্লাহ, তেওঁ সৃষ্টিকর্তা, তেওঁ উদ্ভাৱন
কৰ্তা, ৰূপদাতা, তেওঁৰ আছে
সর্বোৎকৃষ্ট নামসমূহ। স্বৰ্গসমূহ আৰু মৰ্ত্যত থকা সকলো বস্তুৱে সেইজনাৰ গৌৰৱ
ঘোষণা কৰে, সেইজনাই হৈছে
পৰাক্ৰমী জ্ঞানী প্রজ্ঞাময়।
ইংৰাজ সকলে তেওঁলোকৰ মহান
স্রষ্টা প্ৰভুক আহ্বান কৰিবলৈ গ'ড(God)
শব্দ ব্যৱহাৰ
কৰে। পক্ষান্তৰে মুছলমানসকলে মহান স্রষ্টা প্রভুক আল্লাহ নামেৰে আহ্বান কৰে। ইছলামী
চিন্তাবিদ্ জাকিৰ নায়েকে আল্লাহ আৰু গ’ড (God) শব্দ সম্পর্কে এক গুৰুত্বপূর্ণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ
কৈছে-গ’ড(God) শব্দৰ লগত এছ (s) যোগ কৰিলে বহু
বচন গ’ডচ(Gods) হয়। পক্ষান্তৰে
আল্লাহ শব্দ একক আৰু স্বতন্ত্র। ইয়াক বেলেগ শব্দলৈ ৰূপান্তৰ কৰিব
নোৱাৰি। গ’ড (God)শব্দৰ পাছত ডেছ্
(dess) যোগ কৰিলে লিংগ
পৰিৱৰ্ত্তন কৰিব পৰা যায়; কিন্তু আল্লাহৰ
শব্দৰ কোনো লিংগ পৰিৱৰ্ত্তন কৰিব নোৱাৰি। অৰ্থাৎ আল্লাহৰ
কোনো পুৰুষ বা স্ত্রীবাচক শব্দ নাই। আল্লাহ হ’ল স্বতন্ত্র এটি শব্দ। ইয়াৰ
দ্বাৰা মানস পটত কোনো কিছু অংকন কৰিব নোৱাৰি। মুছলমানসকলে সর্বশক্তিমান স্রষ্টাক
বুজাবলৈহে মাথোন আল্লাহ শব্দ ব্যৱহাৰ কৰে। আল্লাহ শব্দটো অধিক পছন্দনীয়
মুছলমানসকলৰ কাৰণে।
আল্লাহ শব্দৰ ব্যৱহাৰ
হিন্দু শাস্ত্ৰসমূহতো দেখা যায়। যেনে- ঋগ্বেদৰ ২ নং গ্ৰন্থৰ স্তুতিস্তৱক- ১ আৰু
ধাৰা --১১, উক্ত বেদৰ ৩ নং
গ্ৰন্থৰ স্তুতিস্তৱক--৩০ আৰু ধাৰা-১০, ৯ নং গ্ৰন্থৰ স্তুতিস্তৱক-৩৭ আৰু ধাৰা- ৩০ ত আল্লাহ শব্দৰ
উল্লেখ আছে। এনেকি হিন্দু শাস্ত্ৰত আল’((Alo) উপনিষদ নামৰ এখন গ্ৰন্থ আছে। ইয়াৰপৰা এইটো
স্পষ্ট হয় যে, আল্লাহ শব্দটোৰ
ব্যৱহাৰ মাথোন মুছলিম ধর্মশাস্ত্ৰতে সীমাৱদ্ধ হৈ থকা নাই, বেলেগ
ধর্মশাস্ত্ৰতো অতি পবিত্র,
বিশ্বৰ সবাতোকৈ
উৎকৃষ্ট আল্লাহ শব্দৰ ব্যৱহাৰ বা উল্লেখ আছে।
প্রকাশ অগ্রদূত-২২
এপ্রিল/২০১১
আল্লাহৰ একত্ব
সম্পর্কে কেইটামান হাদীছ
কোৰআন একেশ্বৰবাদ তথা
আল্লাহৰ একত্বৰ ধাৰণা উপস্থাপন কৰিছে। ছুৰা এখলাচত ঘোষণা কৰা হৈছে- হে’ নবী(ছাঃ) আপুনি
কওঁক, তেৱেঁই আল্লাহ, যিজনা এক আৰু
একক। আল্লাহ চিৰন্তন আৰু স্বয়ং সম্পূর্ণ। তেঁ কাকো জন্ম দিয়া নাই আৰু তেওঁৰ
সমকক্ষ কোনো নিই। এই ধাৰণাত বিশ্বাসীসকল বেহেস্তত প্ৰৱেশ কৰিব বুলি মুছলিম শ্বৰীফৰ কেইটামান
হাদীছত উল্লেখ থকা দেখা যায়।
হজৰত ওচমান (ৰাজিঃ)ৰ পৰা
বর্ণিত আছে যে, নবী(ছাঃ)এ কৈছে, আল্লাহৰ বাহিৰে
কোনো উপাস্য নাই, অন্তৰত এই
বিশ্বাস ৰাখি যিজনেমৃত্যু বৰণ কৰিব তেওঁ বেহেস্তত প্ৰৱেশ কৰিব। হজৰত আবু হুৰায়ৰাৰ পৰা
বর্ণিত আছে- আবাৰ আমি নবী(ছাঃ)ৰ লগত এক অভিযানলৈ গৈছিলো। এটা সময়ত যুদ্ধত অংশ
গ্রহণকাৰী লোকসকলৰ খাদ্য সামগ্রী শেষ হৈ গ'ল। তেতিয়া নবী(ছাঃ)এ কাৰোবাৰ কাৰোবাৰ উট জবেহ
কৰাৰ কাৰণে মনস্থ কৰিলে। তেতিয়া ওমৰ(ৰাজিঃ)এ ক’লে- হে’ আল্লাহৰ ৰাছুল, অৱশিষ্ট খাদ্য সামগ্রী এঠাইত জমা কৰি আপুনি যদি
দোয়া কৰিলেহেঁতেন। নবী(ছাঃ)এ তাকেই কৰিলে। গম থকাজনে গম, খেজুৰ থকাজনে
খেজুৰ লৈ আহিল। কিছুমানৰ খেজুৰ নাছিল, খেজুৰৰ গুটিহে ৰৈ আছিল। তেওঁলোকে সেই শুকান
গুটিসমূহ ভোকৰ সময়ত চুহি চুহি ভোক নিবাৰণৰ চেষ্টা কৰিছিল। তেওঁলোকে সেই
গুটিসমূহ লৈ আহি নবী(ছাঃ)ৰ সন্মুখত উপস্থিত হ’ল। নবী(ছাঃ)এ সেই জমাকৃত খাদ্যসমূহৰ ওপৰত বৰকতৰ
দোয়া কৰিলে। ফলত
পাত্ৰসমূহ খাদ্য বস্তুৰে পৰিপূৰ্ণ হৈ পৰিল আৰু মানুহবিলাকে সেই খাদ্যপূর্ণ পাত্ৰ
লৈ গুচি গ'ল। নবী(ছাঃ)এ
তেতিয়া ক'লে- মই সাক্ষ্য দিছো, যে আল্লাহৰ
বাহিৰে কোনো উপাস্য নাই আৰু মই আল্লাহৰ ৰাছুল। যি বান্দাই এই কথা বিশ্বাস কৰিব
তেওঁ বেহেস্তত প্ৰৱেশ কৰিব।
হজৰত ছুনাবিহীৰ পৰা
বর্ণিত আছে, তেওঁ উবাদাহ ইবনে
ছামিদৰ উদ্ধৃতি দি কৈছে, উবাদাহ ইবনে
ছামিদ যেতিয় মৃত্যুশয্যাত তেতিয়া এদিন মই তেওঁৰ ওচৰলৈ গৈ কান্দি পেলালো। তেতিয়া
তেওঁ মোক ধমক মাৰি ক'লে- চুপ কৰা, কান্দিছা কিয় ? আল্লাহৰ শপত !
মোক যদি সাক্ষী কৰা হয়, মই তোমাৰ
স্বপক্ষে সাক্ষী দিম আৰু চুপাৰিশ কৰাৰ অধিকাৰ লাভ কৰিব পাৰিলে তোমাৰ কাৰণে
চুপাৰ্শি কৰিম। আৰু তোমাৰ কিবা উপকাৰ কৰিব পাৰিলে সেয়াও কৰিম।
ইয়াৰ পাছত তেওঁ ক'লে- আল্লাহৰ কচম
! এতিয়ালৈকে মই আল্লাহৰ ৰাছুল(ছাঃ)ৰ পৰা যিবোৰ হাদীছ শুনিছো, যাৰ মাজত
তোমালোকৰ কাৰণে মংগল নিহিত হৈ আছে, সেয়া অৱশ্যেই মই তোমালোকৰ আগত বর্ণনা কৰিছো। কিন্তু
এটি হাদীছ (যিটো ইমানদিন কোৱা নাই) আজি সেয়া তোমালোকৰ ওচৰত বৰ্ণনা কৰিম। কিয়নো
এতিয়া মই মৃত্যুপথযাত্রী। মই নবী(ছাঃ)ক কোৱা শুনিছো-- যিজন ব্যক্তিয়ে
এই সাক্ষ্য দিব, আল্লাহৰ বাহিৰে
কোনো উপাস্য নাই আৰু নবী(ছাঃ) আল্লাহৰ ৰাছুল, আল্লাহই তেওঁৰ ওপৰত জুই (জাহন্নামৰ) হাৰাম
কৰিব।
হজৰত ম'আয ইভনে জাবালৰ
পৰা বর্ণিত আছে- এদিন মই ঘোঁৰাৰ পিঠিত নবী(ছাঃ)ৰ পাছত বহি আছিলো। নবী(ছাঃ) আৰু মোৰ মাজত ঘোঁৰাৰ
পিঠিৰ কাঠিটোৱে একমাত্র আবুৰ আছিল। নবী(ছাঃ)এ মোৰ নাম কাঢ়ি মাতিলে- হে’ মু'আয ইবনে জাবল! মই
তেতিয়া ক’লো- মই উপস্থিত
ইয়া ৰাছুলাল্লাহ ! তেতিয়া নবী(ছাঃ) এ ক’লে- আপোনাৰ মংগল হওঁক।এইদৰে কৈ নবী(ছাঃ)এ
কিছুদূৰ পথা অতিক্রম কৰিলে। ইয়াৰ পাছত নবী(ছাঃ)এ মোক আগৰ দৰেই নাম
কাঢ়ি মাতিলে আৰু ময়ো আগৰ দৰেই সঁহাৰি দিলো। নবী(ছাঃ)এ পুনৰ কিছুদূৰ পথ অতিক্রম কৰাৰ
পাছত পুনৰ মোক উদ্দেশ্য কৰি ক’লে- তুমি জানানে, বান্দাৰ ওপৰত আল্লাহৰ কি অধিকাৰ? তেতিয়া মই ক'লো- এই বিষয়ে আল্লাহ
আৰু তেওঁৰ ৰাছুলেই ভালদৰে অৱগত। তেতিয়া নবী(ছাঃ)এ ক’লে- বান্দাহৰ
ওপৰত আল্লাহৰ দাবী হ’ল, বান্দাহই আল্লাহৰ উপাসনা কৰিব আৰু
তেওঁৰ লগত কাৰো অংশীদাৰ নকৰিব। এইদৰে কৈ কিছুদূৰ অতিক্ৰম কৰা পাছত তেওঁ পুনৰ মোক
মাতিলে। ময়ো আগৰ দৰেই সঁহাৰি দিলো। তেতিয়া নবী(ছাঃ) ক’লে- তুমি জানানে, বান্দাহই যেতিয়া এইটো কৰে, তেতিয়া আল্লাহৰ
ওপৰত বান্দাহৰ কি অধিকাৰ জন্মে? মই ক'লো-এই বিষয়ে
আল্লাহ আৰু তেওঁৰ ৰাছুলেই ভালদৰে অৱগত। তেতিয়া নবী(ছাঃ)এ ক’লে-আল্লাহই
তোমালোকক শাস্তি প্রদান নকৰে।
হজৰত আবু
হুৰায়ৰা(ৰাঃ)ইকৈছে- আমি এদিন নবী(ছাঃ)ৰ ওচৰত বহি আছিলো। আমাৰ লগত হজৰত আবু
বক্কৰ(ৰাঃ) আৰু ওমৰ(ৰাঃ)ও আছিল। এটা সময়ত নবী(ছাঃ) আমাৰ মাজৰ পৰা উঠি গ'ল।বহু সময়
অতিক্রম হোৱাৰ পাছতো নবী(ছাঃ) প্রত্যাৱৰ্তন নকৰাত তেওঁ কোনো বিপদৰ সন্মুখীন হ’ল নেকি এই বিষয়ে
ভাবি আমি বিচলিত হৈ উঠিলো। তাৰ মাজত ময়ে প্রথম বিচলিত হ’লো আৰু নবী(ছাঃ)ক
বিচাৰি আহি বনু নাজ্জাৰৰ
জনৈক আনচাৰীৰ বাগনৰ ওচৰ পালো। বাগানৰ ভিতৰলৈ সোমোৱাৰ কাৰণে ৰাস্তা বাগানৰ
চাৰিওফালে ঘূৰিবলৈ ধৰিলো; কিন্তু ৰাস্তা
নাপালো। হঠাৎ বাহিৰৰ এটি নাদৰপৰা বাগানৰ ভিতৰলৈ এটি নলা প্রবাহিত হৈ থকা প্ৰত্যক্ষ
কৰিলো। ইয়াৰ পাছত মই নলাৰ ভিতৰেৰে প্ৰৱেশ কৰি নবী(ছাঃ)ৰ ওচৰত উপস্থিত
হ’লো। তেতিয়া
নবী(ছাঃ)এ সুধিলে- আবু হুৰায়ৰা নেকি? মই ক'লো- হয়, হে’ আল্লাহৰ ৰাছুল। নবী(ছাঃ)এ সুধিলে- অহাৰ কাৰণ কি? মই ক'লো- আপুনি আণাৰ
মাজত উপস্থিত আছিল, হঠাৎ গুচি আহিল।
বহু সময় প্রতীক্ষা কৰাৰ পাছতো আপুনি প্রত্যাৱৰ্তন নকৰাত আমি দুশ্চিন্তাগ্ৰস্ত হৈ
পৰিছিলো। আমাৰ অনুপস্থিতিত আপুনি ক'ৰবাত বিপদগ্রস্ত হ’ল নেকি, আমাৰ তেনেকুৱা
আশংকা হ’ল আৰু ময়ে
সৰ্বপ্ৰথম বিচলিত হৈ পৰো। তেতিয়া এই দেৱালৰ ওচৰলৈ আহি শিয়ালৰ দৰে কুঁজি-মুঁজি নলাৰ ভিতৰত
প্ৰৱেশ কৰি এইখিনি আহি পালোহি। বাকী মানুহবিলাক মোৰ পিছত আছে। নবী(ছাঃ)এ তেতিয়া
তেওঁৰ জোতাযোৰ মোৰ হাতত দি ক'লে- হে’ আবু হুৰায়ৰা!
মোৰ জোতাযোৰ লৈ যোৱা। এই বাগানৰ বাহিৰত যাৰ লগত তোমাৰ সাক্ষাৎ হ’ব তাকেই ক’বা, যিজন ব্যক্তিয়ে দৃঢ়
বিশ্বাসৰ সৈতে এই সাক্ষী দিব যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই, সেইজনক বেহেস্তৰ
সুসংবাদ দিয়া।
এই হাদীছৰ বৰ্ণনাকাৰী আবু
হুৰয়ৰা(ৰাঃ)ই কৈছে-স বাহিৰলৈ ওলাই অহাৰ পাছত প্ৰথমে মোৰ ওমৰ(ৰাঃ)ৰ লগত সাক্ষাৎ হ'ল। ওমৰ(ৰাঃ)ই
সুধিলে- হে’ আবু হুৰায়ৰা, জোতাযোৰ কাৰ? মই ক'লো- আল্লাহৰ
ৰাছুলৰ। তেওঁ মোক জোতাযোৰ দি ইয়াকে কৈ পঠাইছে যে, যিজনে প্রশান্ত
মনত এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে
কোনো নাই. সেইজনক তুমি বেহেস্তৰ সুসংবাদ দিবা। আবু হুৰায়ৰাই কৈছে, মোৰ কথা শুনি
ওমৰ(ৰাঃ)ই মোৰ বুকুত সজোৰে ঘোচা মাৰিলে আৰু মই পিছফালে চিত হৈ পৰি গ'লো৷ তেতিয়া
ওমৰ(ৰাঃ)ই ক'লে- হে’ আবু হুৰায়ৰা, তুমি নবী(ছাঃ)ৰ
ওচৰলৈ উভতি যোৱাগৈ। সেয়ে মই ক্ৰন্দনৰত অৱস্থাত নবী(ছাঃ)ৰ ওচৰলৈ উভতি আহিলো। মোৰ
পিছে পিছে আহি
ওমৰ(ৰাঃ) তাত উপস্থিত হ’ল। নবী(ছাঃ)এ
সুধিলে- হে’ আবু হুৰায়ৰা, তোমাৰ কি হৈছে? মই ক'লো- মোৰ লগত
ওমৰ(ৰাঃ)ৰ সাক্ষাৎ হয় আৰু মই আপুনি মোক যি সুসংবাদ দি পঠাইছিল সেয়া তেওঁক জনোৱাত তেওঁ
মোৰ বুকুত এনেকৈ ঘোচা মাৰে যে মই পিছফালে চিত হৈ পৰি যাওঁ। তেওঁ ইয়াকো ক’লে যে, মই যেন আপোনাৰ
ওচৰলৈ পুনৰ উভতি আহো। তেতিয়া নবী(ছাঃ)এ ওমৰ(ৰাঃ)ক উদ্দেশ্য কৰি
সুধিলে- কোন বস্তুই তোমাক এনেকুৱা কাৰ্য কৰিবলৈ উদ্যত কৰিছে? তেয়িা ওমৰ(ৰাঃ)ই
ক’লে-ইয়া
ৰাছুল্লাহ, মোৰ পিতৃ-মাতৃ আপোনৰ কাৰণে কোৰবান
হওঁক। আপুনি আপোনাৰ জোতাযোৰ সহ আবু হুৰায়ৰাক এই কথা কৈ পঠাইছে নেকি যে যাৰ লগত
সাক্ষাৎ হ’ব তাকেই কথাটো ক’ব যে, যিজনে
সর্বান্তৰণে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই, তাক বেহেস্তৰ এই
সুসংবাদ দিয়া?
নবী(ছাঃ)এ ক’লে- হয়। তেতিয়া
ওমৰ(ৰাঃ)ই ক'লে- এনেকুৱা
নকৰিব। কিয়নো মোৰ আশংকা হয়, এনেকুৱাকৰিলে মানুহবিলাকে
আমল ত্যাগ কৰি ইয়াৰ ওপৰত
ভৰসা কৰি বহি থাকিব। সেয়ে তেওঁলোকক আমল কৰাৰ কাৰণে সুযোগ দিয়ক। নবী(ছাঃ)এ ক’লে- বাৰু, তেওঁলোকক আমল
কৰাৰ কাৰণে সুযোগ দিয়া।
আল্লাহৰ একত্ব সম্পর্কে
বিশ্বাসীসকলৰ সুপৰিণাম সম্পৰ্কে এনেকুৱা আৰু কেইটামান হাদীছ আছে। আনহাতে আল্লাহৰ
লগত অংশীদাৰ কৰা সকলৰ কাৰণে শাস্তিৰ বিধান নিৰ্দ্ধাৰিত কৰা আছে। আল্লাহই কোৰআনত কৈছে, আৰু যিজনে অইনক
আল্লাহৰ সমানে উপাস্য পাতে তাৰ যেন আকাশৰপৰা পতন হ’ল, আৰু তাক পক্ষীয়ে
থাপ মাৰি ধৰিব নাইবা ধুমুহা বতাহে উৰুৱাই নি দূৰৈৰ কোনোবা ঠাইত পেলাই দিব। (ছুৰা আল হযঃ ৩১)।
যদি আনক আল্লাহৰ সমান কৰা হয়, আল্লাহই তাক নিশ্চয় ক্ষমা নকৰে আৰু তাৰ বাহিৰে যাকে ইচ্ছা
তাকে ক্ষমা কৰে; আৰু যিজনে আনক
আল্লাহৰ সমান কৰে, স্বৰূপতে সি এটা
ঘোৰতৰ পাপ কৰে। (ছুৰা- নিছাঃ ৪৮)
প্ৰকাশ অগ্রদূত- ১৩
জানুৱাৰী/২০১২
ইছলামত নাৰীৰ অধিকাৰঃ চিন্তাবিদৰ
মন্তব্য
নাৰী মানৱ সভ্যতাৰ
কেন্দ্ৰ বিন্দু । নাৰী অবিহনে সৃষ্টি সম্ভৱ নহয়৷ সেয়ে ইছলাম নাৰীৰ অধিকাৰ অতি
সন্মাজনকভাবে নিৰ্দ্ধাৰণ কৰিছে। নাৰীক ইছলামে গৃহিণী হিচাপে স্বীকৃতি দিয়াৰ লগতে
অন্যান্য সম্প্ৰদায় আৰু মতবাদৰ সম্পূৰ্ণ বিপৰীতে নাৰীৰ ব্যক্তিগত মালিকানা অনুমোদন কৰিছে।
স্বামীৰ লগত মতৰ অমিল হ’লে ইছলামে
স্বামীৰ অনুমতিত বিবাহ বিচ্ছেদ কৰি দ্বিতীয় বিবাহ কৰোৱাৰ বাবে নাৰীক অনুমতি প্রদান
কৰিছে। এই ক্ষেত্ৰত মাথোন অনুমতি প্রদান কৰিয়ে ক্ষ্যান্ত থকা নাই, উৎসাহিতও কৰিছে।
ইছলামে নাৰীক ধন-সম্পত্তিৰ অধিকাৰিণী কৰিছে আৰু সেই সম্পদ স্বাধীনভাবে ভোগ
আৰু দান কৰাৰো অনুমতি প্ৰদান কৰিছে। ইছলামে নাৰীৰ সামাজিক আৰু পাৰিবাৰিক অধিকাৰো প্ৰদান
কৰিছে।
হজৰত ওমৰ ফাৰুখ (ৰাজিঃ)ই
কৈছে- ধর্মহীন অজ্ঞানতাৰ যুগত সমাজ জীৱনত নাৰীক বিশেষভাবে গুৰুত্ব দিয়া হোৱা
নাছিল; কিন্তু ইছলামৰ আৱিৰ্ভাৱৰ
লগে লগে আল্লাহ তায়ালাই নাৰীসকলৰ বিশেষত্ব আৰু গুৰুত্ব তুলি ধৰিবলৈ স্বতন্ত্র
আয়াত অৱতীৰ্ণ কৰিলে আৰু সেই আয়াতৰ জৰিয়তে নাৰীৰ পুৰুষৰ প্ৰতি দায়িত্ব
থকাৰ দৰে নাৰীৰ প্ৰতিও পুৰুষৰ দায়িত্ব থকাৰ কথা আমি উপলব্ধি কৰিব পাৰিলো। নাৰীৰ প্ৰকৃতিৰ লগত
ইছলামৰ আইনসমূহ অধিক সামঞ্জস্যপূর্ণ। অসংখ্য অমুছলিম দার্শনিক, চিন্তাবিদ, সাহিত্যিক এনেকি
গীৰ্জাৰ পাদ্ৰীসকলেও এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।
ফ্ৰান্সৰ এগৰাকী বিখ্যাত
বিশেষজ্ঞ ডাঃ গোচতাওলী ৱানে তেওঁৰ বিখ্যাত গ্রন্থ ‘প্ৰাচ্যৰ নাৰীসকলৰ ওপৰত ইছলামৰ প্ৰভাৱ’ শীর্ষক এটি প্ৰৱন্ধৰ এঠাইত
লেখিছে- ইছলামে নাৰীৰ সভ্যতা-কৃষ্টিত সুগভীৰ প্ৰভাৱ পেলাইছে। লাঞ্ছনা-বঞ্ছনাৰ পৰা
নাৰীসকলক মুক্ত কৰি নাৰীৰ মূৰত সন্মানৰ মুকুট পৰিধান কৰাইছে ইছলাম। কম-বেছি
সকলো ক্ষেত্ৰতে নাৰীৰ অৱস্থা উন্নততৰ কৰিছে। সন্মানিত মজিদ তমদ্দনে ‘আৰব’ নামৰ এখন গ্ৰন্থত
লেখিছে, নাৰীৰ অৱস্থা আৰু
অৱস্থানত ইছলামৰ অৱদানসমূহ আলোচনা কৰাৰ উত্তম পদ্ধতি হ’ল, ইছলামী দৰ্শন আৰু
আইনসমূহ প্ৰৱৰ্তন হোৱাৰ আগত নাৰীৰ অৱস্থা কি আছিল সেই সম্পর্কে আগতে অৱগত হোৱা। কোৰআনৰ কিছুমান
বিধি-নিষেধৰ পৰা ইছলাম আৱিৰ্ভাৱ হোৱাৰ আগত নাৰীসকলৰ অৱস্থা কি ধৰণৰ
আছিল সেই সম্পর্কে অনুধাৱন কৰিব পৰা যায়।
ইছলামে বিবাহক অনুমোদন
কৰিছে যদিও এই ক্ষেত্ৰত পাত্ৰী নিৰ্বাচনত কিছু বাধা-নিষেধ আৰোপ কৰিছে। আল্লাহই
কোৰআনত ঘোষণা কৰিছে– তোমালোকৰ
পিতৃসকলে যিসকল তিৰোতাক বিবাহ কৰাইছিল, সিহঁতক বিবাহ নকৰাবা, অতীত যি ঘটি গৈছে
তাত দোষ নাই; প্রকৃততে ই
নিকৃষ্ট কার্য, ঘৃণনীয় আচৰণ আৰু
গর্হিত প্ৰথা।(ছুৰা নিছাঃ২২)
তোমালোকৰ পক্ষে (বিবাহ)
অবৈধ,---তোমালোকৰ মাতৃ
আৰু তোমালোকৰ কন্যা আৰু তোমালোকৰ ভনীয়েৰা আৰু তোমালোকৰ খুড়ী আই আৰু
তোমালোকৰ মাহী আই আৰু ভায়েকৰ জীয়েক আৰু ভনীয়েকৰ জীয়েক আৰু তোমালোকক স্তন্য পান
কৰোৱা মাতৃসকল আৰু তোমালোকে স্তন্য পান কৰা তোলনীয়া ভনীয়েৰা আৰু তোমালোকৰ পত্নীৰ মাতৃসকল
আৰু তোমালোকৰ তত্বাৱধানৰ অধীনত থকা পত্নীৰ কন্যা, যদিহে সেই পত্নীবিলাকৰ লগত সহবাস কৰিছা; কিন্তু যদি সিহঁতৰ
লগত সহবাস কৰা নাই, তেন্তে তোমালোকৰ
সেই পত্নীৰ কন্যাক বিবাহ কৰোৱাত দোষ নাই, আৰু তোমালোকৰ ঔৰসজাত পুত্ৰৰ ভাৰ্যা আৰু দুজনী ভগ্নী কন্যাক
একেলগে ভাৰ্যাৰূপে গ্ৰহণ কৰা(নিষেধ); কিন্তু যি অতীত ঘটি গৈছে তাত দোষ নাই, নিশ্চয় শ্রেষ্ঠ
ক্ষমাশীল দয়ালু। (ছুৰা নিছাঃ২৩)
সন্মানিত মজিদ তমদ্দনে
লেখিছে-ইছলাম নাৰী সম্পর্কিত যিবিলাক বিধি-নিষেধ আৰোপ কৰিছে তাৰপৰা নাৰীসকল
কিমানদূৰ প্ৰভাৱিত হৈছে আৰু সেই প্ৰভাৱ কিমানদূৰ ইতিবাচক সেয়া অনুধাৱন কৰিবলৈ হ'লে ইছলাম
পূর্বযুগ আৰু ইছলাম প্রতিষ্ঠিত সমাজত নাৰীসকলৰ অৱস্থা
পর্যালোচনা কৰিব লাগিব। ইছলাম পূর্ব যুগত আৰবত বহু ধৰ্ম প্ৰচলিত আছিল আৰু নাৰীসকলৰ
অৱস্থা খুবেই শোচনীয় আছিল৷ এই শোচনীয় অৱস্থা একমাত্ৰ আৰবতে প্রচলিত নাছিল, বিশ্বৰ অন্যান্য
বহু দেশতো নাৰীৰ অৱস্থা শোচনীয় আছিল। ডাঃ গোতাওলী ৱানে লেখিছে- অতীতত
গ্ৰীচত নাৰীসকলক নিন্ম মৰ্যদাসম্পন্ন সৃষ্টি হিচাপে বিবেচনা কৰা হৈছিল। ঘৰুৱা
কাম-কাজ, বংশ বৃদ্ধিয়ে
আছিল তেতিয়াৰ
নাৰীসকলৰ কাম। কোনো নাৰীৰ গৰ্ভত অস্বাভাৱিক সন্তান জন্ম হ'লে সেই নাৰীক
হত্যা কৰা হৈছিল। তেওঁ আৰু লেখিছে-আগৰ দিনত নাৰীসকলৰ লগত খুবেই কঠোৰতা অৱলম্বন কৰা
হৈছিল। গ্রীকসকলৰ দ্বাৰা প্ৰণীত আইনৰ ভাষাত ধুমুহা, মৃত্যু, জহন্নাম, বিষ আৰু বিষধৰ সৰ্প আদিতকৈও অধিক ক্ষতিকৰ বুলি বিভিন্ন
অপবাদ নাৰীৰ ওপৰত জাপি দিয়া হৈছিল। বাইবেলতো নাৰী মৃত্যুতকৈও অধিক তিক্ত বুলি কোৱা হৈছে।
তৌৰাতৰ নছিহত নামা অধ্যায়ত আল্লাহৰ প্ৰিয় ব্যক্তিসকলে নিজক নাৰীৰপৰা আঁতৰাই ৰখাৰ
কাৰণে উপদেশ দিয়া হৈছে।
পক্ষান্তৰে ইছলাম ধৰ্ম
আৱিৰ্ভাৱৰ পাছত পূৰ্বৰ শোচনীয় অৱস্থাৰপৰা নাৰীৰ উত্তৰণৰ বাট প্রশস্ত হয়। ইছলাম
ধৰ্মৰ প্ৰৱৰ্তৰ্ক হজৰত মহম্মদ(ছাঃ)ৰ বিৰুদ্ধে বিদ্বেষ পোষণ, অপবাদ আৰোপ, অভিযোগ উত্থাপন
আৰু নিন্দাকাৰী বিশিষ্ট ইউৰোপীয়ান লেখক প্ৰফেছৰ ডি, এছ, মাগুলিউলেও ইছলামৰ নাৰী সমন্ধীয় বিধি-নিষেধক
প্রশংসা কৰিবলৈ বাধ্য হৈছে। তেওঁ হজৰত মহম্মদ(ছাঃ)ৰ জীৱনী ৰচনা কৰিছে। তেওঁ সেই জীৱনী
গ্ৰন্থৰ এঠাইত লেখিছে- নাৰীসকল যে কেতিয়াবা ইজ্জত, সন্মান আৰু ধন-সম্পত্তিৰ অধিকাৰী হ’ব এই কথা
অজ্ঞানতাৰ যুগত আবসকলৰ বাহিৰেও ইহুদী, খ্ৰীষ্টানসকলৰ কোনেও কল্পনা কৰা নাছিল। এই ধর্মবিলাকে কোনো
সন্মানীয় জীৱিকা অৱলম্বন কৰি স্বচ্ছন্দ্যে কালাতিপাত কৰাৰ কাৰণে নাৰীক
অনুমতি প্রদান কৰা নাছিল৷ এইবোৰ ধৰ্মমত, কৃষ্টি আৰু সমাজত নাৰীসকল আছিল ক্রীতদাসী। হজৰত
মহম্মদ(ছাঃ)ৰ প্ৰৱৰ্তিত ধৰ্ম ইছলামে নাৰীক স্বাধীনতা, স্বকীয়তা আৰু
স্বনিৰ্ভৰতা প্ৰদান কৰিছে।
বিশিষ্ট চিন্তাবিদ
মানচিউৰিফলে লেখিছে-হজৰত মহম্মদ(ছাঃ)ৰ যুগৰ ফালে মনোনিৱেশ কৰিলে ধাৰণা হয়, নবী(ছাঃ)এ নাৰীৰ
কাৰণে যিমান কল্যাণকৰ
বিধি-বিধান প্রণয়ন কৰিছে,
বেলেগ কোনেও
সিমান কৰা নাই। নাৰীৰ প্ৰতি ইছলামৰ অনুগ্ৰহ অপৰিসীম। কোৰআনত নাৰীৰ অধিকাৰ
সম্পৰ্কে বহু উৎকৃষ্ট আয়াত আছে। কিছুমান আয়াতত নাৰীক ভোগ কৰাৰ অবৈধ দিশবিলাক
বর্ণনা কৰা আছে আৰু কিছুমান আয়াতত নাৰীৰ লগত কেনেকৈ সন্মানজনক আচৰণ কৰিব
লাগে সেয়া বর্ণনা কৰা হৈছে। ইছলাম পূর্ব যুগত আৰবসকলৰ মাজত নাৰীসকলৰ যিবোৰ সন্মান
নাছিল নবী(ছাঃ)ৰ শিক্ষাৰ জৰিয়তে সেই সন্মান নাৰীসকলে লাভ কৰিবলৈ সক্ষম হৈছে।
ইছলামী আদৰ্শই দেহ ব্যৱসায়, সাময়িক বিবাহ, অবাধ মিলা-মিচা
আদি নিষিদ্ধ ঘোষণা কৰিছে। ইছলাম পূর্ব যুগত বান্দীসকল মাথোন গৰাকীৰ ভোগ্য সামগ্রী
হিচাপে বিবেচিত হৈছিল।
ইছলামে সিহঁতক যথোচিত অধিকাৰ প্ৰদান কৰিছে আৰু বান্দীসকলৰ প্ৰতি সদয় হ’বলৈ নিৰ্দেশ
প্ৰদান কৰিছে।
আই,ব্লাইডনে ‘Christinity Islam and The Negro
race' নামৰ গ্ৰন্থত নাৰী সমাজক ইছলামেই সর্বপ্রথম মানবাধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে আৰু
ইছলাম পূর্ব যুগত তেনেকুৱা অধিকাৰ প্ৰদানৰ দৃষ্টান্ত আন ক’তো নাই বুলি
স্বীকাৰ কৰিছে। ডব্লিউ লাইটাৰে 'Mohammadanism
in religious system of the World' নামৰ গ্ৰন্থত লেখিছে-নবী(ছাঃ)এ নাৰীক যি
সন্মানৰ আসনত সমাসীন কৰিছে সেয়া প্রাশ্চাত্য সমাজ বা বেলেগ ধৰ্মত নাছিল।
প্ৰফেছৰ ৰামকৃষ্ণ ৰাৱে 'Mohammadanism
in religious system of the World' নামৰ নবী(ছাঃ)ৰ এখন জীৱনী গ্ৰন্থত ইছলাম আৰু আধুনিক
সভ্যতা পর্যালোচনা কৰাৰ পাছত লেখিছে- ইছলামে নাৰীক পুৰুষৰ দাসত্বৰপৰা মুক্ত কৰিছে। মানুহ
পূৰ্বপুৰুষৰ পাপ-পংকিলতাৰ পৰা মুক্ত এই শিক্ষাও ইছলামে প্ৰদান কৰিছে। পুৰুষ আৰু
নাৰী একে মৌল উপাদানৰ পৰা সৃষ্ট, উভয়ৰ একে ধৰণৰ আত্মা। মানসিক আৰু চাৰিত্ৰিক যোগ্যতাও সমান সমান বুলি মতপোষণ
কৰিছে। তেওঁ লেখিছে- বৰ্ম আৰু তৰোৱালৰ ব্যৱহাৰ কৰিবলৈ সক্ষম সকলেই একমাত্র সম্পদৰ
উত্তৰাধিকাৰী হ’ব পাৰিব, ইছলাম পূৰ্ব আৰবত
এই নীতি প্ৰচলিত আছিল। কিন্তু ইছলামে দুৰ্বল অসহায় লোকৰ পক্ষ অৱলম্বন কৰিছে। নাৰীক
পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী কৰিছে। কে’বাশ বছৰ আগতেই ইছলামে স্বীকৃতি দিয়া নাৰীৰ
সম্পত্তিৰ মালিকানা সম্পর্কিত নীতিকেই গণতন্ত্ৰৰ জনক ইংলেণ্ডে ‘বিবাহিতা মহিলাৰ
আইন’ নামেৰে নামকৰণ
কৰি নিজৰ আইনৰ অন্তৰ্ভুক্ত কৰিছে। নবী(ছাঃ)এ বহু পূৰ্বেই ঘোষণা কৰিছে-নাৰীয়ে পুৰুষৰ
অৰ্ধাংশ পাব। নাৰীৰ অধিকাৰ পবিত্ৰ আৰু নাৰীক যেন এই অধিকাৰৰ পৰা
বঞ্চিত কৰা নহয়, সেইফালে লক্ষ্য
ৰাখিবলৈ নির্দেশ দিছে।
এনী বেছাণ্টে ইছলামত
নাৰীৰ মৰ্যদা আৰু অধিকাৰ সম্পৰ্কে মন্তব্য কৰিবলৈ গৈ ‘The life and Teaching of Mohammad' নামৰ গ্ৰন্থৰ এঠাইত লেখিছে-
স্মৰণ ৰাখিবা ইছলামী বিধানৰ যি সামান্য ইংলেণ্ডত চালু হৈছে সেয়া নিশ্চয় আইন সংগত
আৰু যুক্তিযুক্ত। সম্পত্তি আৰু তালাক সম্পর্কিত ইছলামী বিধি পাশ্চাত্য নীতিতকৈ
বহু অগ্রগণ্য। আমি আজি যিবোৰক নাৰীৰ অধিকাৰৰ নীতি বুলি ভাবো তাৰ তুলনাত ইছলামী নীতিয়ে
নাৰীৰ অধিকাৰ ব্যাপক কৰিছে। বিশিষ্ট চিন্তাবিদ ভি, চি, বাড়লে ‘ইছলাম, বর্তমান সভ্যতা আৰু বিভিন্ন মতবাদত নাৰীৰ অৱস্থান আৰু
মৰ্যদা’ শীর্ষক আলোচনাৰ
এটি পর্যায়ত ‘THe
Messenger-356' নামৰ গ্ৰন্থত লেখিছে-নাৰী সম্পর্কিত ইছলামৰ সকলো নীতিমালাই
পাশ্চাত্য ৰাষ্ট্ৰসমূহৰ তুলনাত আৰবত নাৰীৰ মান-মৰ্যদা অধিক বৃদ্ধি কৰিছে। আজিৰপৰা
চৈধ্যশ বছৰ আগতে ইছলামে নাৰীক সম্পদৰ সম্পূৰ্ণ কতৃত্ব প্ৰদান কৰিছে। তেওঁ আৰু
লেখিছে, নবী(ছাঃ) কতৃক
প্ৰৱৰ্তিত বিধি-বিধান কোনোবাই অধ্যয়ন কৰিলে তেওঁ নবী(ছাঃ)ৰ বদনামকাৰীসকলৰ
অবিচাৰসমূহ দেখি বিস্ময়াভিভূত হ’ব। তেওঁলোকে যে মাথোন ইছলামী নাৰী শিক্ষা আৰু মুছলিম
নাৰীসকলক অন্যান্য নাৰীৰ তুলনাত হেয় প্রতিপন্ন কৰিবলৈ নবী(ছাঃ)ৰ শিক্ষাৰ সমালোচনা কৰি
আত্মতৃপ্তি লাভ কৰে সেয়া উপলব্ধি হ’ব।
বিশিষ্ট সাহিত্যিক
গোস্বামী লক্ষ্মণ প্ৰসাদে ‘আৰৱ কা চান্দ’ নামৰ গ্ৰন্থত
ইছলাম পূর্বযুগত নাৰীৰ অৱস্থা বর্ণনা কৰিবলৈ গৈ লেখিছে- ইছলাম পূর্ব যুগত
মানুহে পাশৱিকতাৰ ৰঙত নিজক ৰঞ্জিত কৰিছিল। নাৰীৰ লগত গোলাম সূলভ আচৰণ কৰা বৈধ
আছিল। আইৰিণা মেড মক্সে 'The Woman in
Islam-1930' নামৰ গ্ৰন্থত লেখিছে- নবী(ছাঃ)এ চাৰিটা বস্তুক নিজৰ প্ৰিয়
বস্তু হিচাপে উল্লেখ কৰিছে- নামাজ, ৰোজা, সুগন্ধি আৰু নাৰী। নাৰী নবী(ছাঃ)ৰ ওচৰত
সন্মানিত। যি সমাজত পুৰুষে কন্যা সন্তানক জীৱন্তে কবৰ দিছিল তাত নবী(ছাঃ)এ নাৰীক জীৱন ধাৰণৰ
অধিকাৰ প্ৰদান কৰি গৈছে।
ৰেভেণ্ড জি, এম, বাৰভিল এজন
কট্টপন্থী খ্ৰীষ্টান আছিল। তেওঁ ১৯৭৬ চনত প্ৰকাশিত ‘ফোকান’ নামৰ গ্ৰন্থত লেখিছিল- কোৰআনী শিক্ষাৰ প্ৰভাৱত
যাযাৱৰ, বেদুইন আৰবসকলৰ
অৱস্থা এনেকুৱা পৰিৱৰ্তন হ’ল যে, সিহঁতে মূর্তি
পূজাৰ মূলোৎপাটন কৰি জ্বিন আৰু অন্যান্য বস্তু পূজা কৰাৰ ঠাইত এক আল্লাহৰ উপাসনা কৰিবলৈ
গৈ সন্তান হত্যা, বহু বিবাহৰ
সংখ্যা হ্ৰাস কৰি নিজক এক নিৰ্দিষ্ট পৰিসীমাত আৱদ্ধ কৰিবলৈ সক্ষম
হৈছিল। এয়া আৰবসকলৰ কাৰণে নিঃসন্দেহে কল্যাণকৰ আছিল। কিন্তু খ্ৰীষ্টান মানসিকতাই
এয়া স্বীকাৰ কৰিবলৈ সাজু নহয়।
‘The religion history of the World' নামৰ গ্ৰন্থত জে, এম, ৰবাৰ্টে লেখিছে- ইছলামৰ
আগমন বহু দিশৰপৰা বিপ্লৱাত্মক ৰূপে বিবেচিত। দৃষ্টান্ত
স্বৰূপে ক’বপৰা যায় যে, ইছলাম মালিকানা
অর্জনক আইনগতভাবে নাৰীৰ অধিকাৰ্ভূক্ত কৰিছে। অথচ ঊনৈছশতিকালৈকে ইউৰোপীয়ান খ্ৰীষ্টীয় সমাজত
এই অধিকাৰ বিদ্যমান নাছিল। ইছলামত গোলামৰো অধিকাৰ আছিল। ইছলামত বিশ্বাসী লোকৰ মাজত
কোনো ভেদাভেদ নাছিল। কোনো জন্মগত বিভেদো নাছিল। এই বিপ্লৱৰ মূলত এনে কিছুমান ধর্মীয়
নীতিমালা আছিল যাৰ ভিতৰত সকলো প্ৰকাৰ কল্যাণ নিহিত হৈ আছিল।
আমেৰিকাৰ প্ৰাক্তন
বিচাৰপতি মেৰি ক্ৰাইবাইট্চে ‘নবী(ছাঃ)এ নাৰীৰ কাৰণে কি কৰিছে’ শীৰ্ষক এটি
প্ৰৱন্ধত লেখিছে- নাৰীৰ অধিকাৰ প্রতিষ্ঠাত নবী(ছাঃ)ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ
কৃতিত্বপূর্ণ কাৰ্যসূচী হ’ল, নাৰীক স্বত্ব
প্রদান। ইছলামী আইনৰ দৃষ্টিত স্বামীৰ যি মৰ্যদা স্ত্ৰীৰো সেই একেই মর্যদা।
অন্য এখন গ্ৰন্থত আছে, ইছলামত নাৰীৰ
অধিকাৰ ইমানেই বিস্তৃত যে,
নাৰীৰ
মালিকানাভূক্ত সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত নাৰীৰ স্বাধীনতা আকাশত
বিচৰণশীল পক্ষীৰ লগত তুলনীয়। নাৰীয়ে তাইৰ স্বামীৰ অনুমতি অবিহনেই নিজৰ সম্পদ
ইচ্ছামতে ব্যয় কৰাৰ কাৰণে ইছলামী আইনে নিশ্চয়তা প্ৰদান কৰিছে।
দিল্লী হাইকোর্টৰ
প্ৰাক্তন বিচাৰপতি ছাচাৰে এখন অনুষ্ঠানত বক্তব্য দিবলৈ গৈ কৈছে- নাৰীক স্বত্ব
প্রদান নিঃসন্দেহে ইছলামৰ উদাৰ দৃষ্টিভংগী আৰু প্ৰগতিশীলতাৰ পৰিচায়ক। এছ, টপে লেখিছে-
অতীতত এক দীর্ঘম্যাদী সময়ব্যাপী পাশ্চাত্যৰ নাৰীসকলে পিতৃ সম্পত্তিৰ অংশ পোৱা নাছিল।
সিহঁতক আইনগতভাবেই সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। এতিয়াও ইউৰোপৰ
বহু দেশত পিতৃ বিয়োগৰ পাছত কন্যাক পিতৃৰ সম্পত্তিৰ অংশীদাৰ বিবেচনা কৰা নহয়। অৱশ্যে
পিতৃয়ে যদি ইচ্ছাপত্ৰৰ জৰিয়তে কন্যাক সম্পত্তিৰ অংশীদাৰ কৰি যায় তেনেহ'লে সেই কন্যা
সন্তান সম্পত্তিৰ অংশীদাৰ হিচাপে বিবেচিত হ’ব পাৰে। নবী(ছাঃ)এ আইনগতভাবেই নাৰীক পিতৃৰ সম্পত্তিৰ
মালিকানা স্বত্ব প্ৰদান কৰি গৈছে।
এছ স্কটে ‘ৰহমাতুলীল আলামীন’ নামেৰে নবী(ছাঃ)ৰ
জীৱনৰ আধাৰত এখন জীৱনী গ্ৰন্থ ৰচনা কৰি গৈছে। উক্ত গ্ৰন্থৰ দ্বিতীয় খণ্ডত লেখিছে- নবী(ছাঃ)
এনেকুৱা এগৰাকী আইন প্রণেতা যিগৰাকীয়ে নাৰীজাতিৰ কাৰণে সর্বপ্রথম আইন প্রণয়ন কৰিছে
আৰু সেই আইনে নাৰীৰ অধিকাৰ সংৰক্ষণ কৰিছে। আগতে পিতৃপ্রধান সমাজ ব্যৱস্থাই নাৰীক নিঃসম্বল
আৰু অসহায় কৰি ৰাখিছিল। অর্থনৈতিক ক্ষেত্ৰত নাৰীক মুঠেই
মূল্যায়ন কৰা নহৈছিল। নবী(ছাঃ)এ বহু বিবাহক এক নির্দিষ্ট সীমাত অনুমোদন কৰি আইন
প্রণয়ন কৰি গৈছে আৰু নাৰীক উত্তৰাধিকাৰ প্ৰদান কৰিছে।
মিঃ পিটাৰ ক্ৰিপটাচে ‘ফাৰানা' নামৰ নবী(ছাঃ)ৰ
জীৱনৰ আধাৰত ৰচিত জীৱনী গ্ৰন্থত লেখিছে- নবী(ছাঃ)এ নাৰীৰ অধিকাৰ যিদৰে সংৰক্ষণ কৰিছে
অতীতত কোনেও তেনেকুৱা কৰা নাছিল। আইনগতভাবে তেওঁ নাৰীৰ স্বত্বক স্বীকৃতি প্রদান
কৰিছে, ফলত নাৰী ধন- সম্পত্তিৰ অধিকাৰী
হৈছে। বোৰ্খা পৰিহিতা মুছলিম নাৰীসকলে জীৱনৰ প্ৰতিটো শাখাত যি ধৰণৰ অধিকাৰ লাভ
কৰিছে বিংশ শতিকাৰ উচ্চ শিক্ষিতা নাৰীয়েও তেনেকুৱা অধিকাৰ লোভ কৰিবলৈ সক্ষম হোৱা নাই বুলি তেওঁ
উক্ত জীৱনী গ্ৰন্থত উল্লেখ কৰিছে।
কিন্তু দুখৰ বিষয়যে, ইছলামে নাৰীৰ
শিক্ষা আৰু অন্যান্য অধিকাৰ সুনিশ্চিত কৰিলেও অর্থনৈতিক অনগ্ৰসৰতা আৰু ইছলামিক
আদর্শ সম্পর্কে
অজ্ঞানতাৰ ফলত আমাৰ সমাজৰ বহু মানুহে এতিয়াও কন্যাসন্তানক পৰিয়ালৰ বোজা বুলি
ভাবি ধৰ্মীয় আৰু আধুনিক শিক্ষাৰপৰা আঁতৰাই ৰাখিছে আৰু অপৈণত বয়সত বিয়া দি
উলিয়াই দি নাৰীৰ প্ৰাপ্য অধিকাৰৰপৰা বঞ্চিত কৰি ৰাখিছে। ফলত আণাৰ সমাজৰ বহুতো নাৰী ওঠৰ বছৰৰ
আগতেই দুটা তিনিটা সন্তানৰ মাতৃ হৈ শাৰীৰিক আৰু মানসিকভাবে দুৰ্বল হৈ পৰাৰ ফলত ৰোগ
প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলোৱা দেখা যায় আৰু চিৰৰুগীয়া হৈ দৈহিক
সৌন্দৰ্য হেৰুৱাই পেলায়। ফলত স্বামীয়ে শাৰীৰিক আৰু মানসিকভাবে অত্যাচাৰ কৰি পৰিয়ালৰপৰা
বিতাড়িত কৰাৰ দৰে ঘটনাও সংঘটিত হোৱা দেখা যায়। পৰিয়ালৰপৰা বিতাড়িত হোৱা নাৰীৰ
বহুতে আকৌ চহৰ-নগৰলৈ গৈ দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ
পৰে। এইসকল নাৰীয়ে সমগ্ৰ মুছলিম সমাজৰ এক পঁয়ালগা প্রতিচ্ছবি বেলেগ ধৰ্মাৱলম্বী লোকৰ সন্মুখত
উপস্থাপন কৰি আছে আৰু ইয়াৰে সুযোগ গ্ৰহণ কৰি বেলেগ ধৰ্মাৱলম্বী লোকে ইছলামিক
আদৰ্শৰ সমালোচনা কৰিবলৈ সুযোগ পাইছে। নাৰীশিক্ষাৰ অভাৱ আৰু বাল্যবিবাহৰ
প্ৰৱণতাই ইছলামিক সমাজ ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে অর্থনৈতিক বাবেও অনগ্ৰসৰ
কৰি ৰাখিছে বুলি ক'লে হয়তো বঢ়াই
কোৱা নহ’ব। গতিকে আমাৰ
সমাজৰ শিক্ষিত ব্যক্তি আৰু আলিম সমাজ নাৰী-শিক্ষা প্ৰসাৰ আৰু বাল্য
বিবাহ ৰোধৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা উচিত।
প্রকাশ অগ্রদূত- ৪মে/২০১২
কাবা শ্বৰীফ আৰু
পবিত্র হজ্ব
আল্লাহ পাক মানুহৰ কাৰণে
সর্বপ্রথম মক্কা শ্বৰীফৰ পবিত্ৰ ভূমিত কাবাগৃহ স্থাপন কৰিছে। এই পবিত্র গৃহ আল্লাহ
পাকৰ পবিত্র এবাদত গৃহ হিচাপে বিদ্যমান। নবী(ছাঃ)ৰ জন্ম এই পবিত্র মক্কা নগৰীতেই। হজৰত আদম (আঃ)ৰ
আল্লাহ প্ৰীতিৰ কীৰ্তিস্থল মাওয়া উপত্যকা ইয়াতেই অৱস্থিত। ইয়াৰ আৰফা ময়দান হজৰত
ইব্রাহীম(আঃ) আৰু মা হাওয়া(আঃ)ৰ মিলনস্থল। ইছমাইল (আঃ) আৰু ইছমাইলৰ বংশৰ নিদর্শন স্বৰূপ
বাইবেলত বর্ণিত আছওয়াদ পাথৰ ইয়াতে স্থাপিত। আত্মত্যাগৰ প্ৰতিমূৰ্তি ইছমাইল(আঃ)ৰ
সমাধিস্থলো ইয়াতে অৱস্থিত। ইয়াতেই নির্বাসিতা অসহায়া বিবি হাজেৰা(ৰাজিঃ)ৰ
প্ৰতি আল্লাহ পাকৰ ৰহমতৰ স্মৃতিচিহ্ন পবিত্র জমজম কুৱা আৰু মাওয়া পাহাৰদ্বয় অৱস্থিত। মক্কা
নগৰীৰপৰা তিনি কিলোমিটাৰ আঁতৰৰ হেৰা পৰ্বতৰ গুহাত পবিত্র কোৰআন নাযেল হৈছে। সেয়ে
পবিত্ৰতা আৰু মাধুৰ্যতাত এইসমূহ স্থান বিশ্বৰ ভিতৰত অদ্বিতীয়। মুছলিম
বিশ্বৰ পবিত্র হজ্ব সন্মিলন অনুষ্ঠিত হোৱাৰ পবিত্র স্থান এই মক্কা শ্বৰীফ। পৃথিবীৰ
মধ্যস্থল হ’ল এই মক্কা
শ্বৰীফ। ভৌগোলিক হিচাপেও এয়া প্রমাণিত। বেহেস্তৰ লগত সংযোগ স্থাপন, বিশুদ্ধ
আধ্যাত্মিকতা, বিশ্ব মানৱতা, আত্মত্যাগ প্রভৃতিৰ প্ৰতীক
হ’ল এই পবিত্র কাবা
শ্বৰীফ। সমগ্ৰ মুছলিম বিশ্বৰ এইটোৱে পবিত্র মিলনস্থল। হজৰত আদম(আঃ) তথা সমগ্ৰ
বিশ্বৰ আদি মানৱৰ বাসস্থান ইয়াতে আছিল। আল্লাহৰ পবিত্ৰ ৰহমতৰ স্থান এই পবিত্ৰ ভুমি। এই
ভূমি কিয়ামত পর্যন্ত পবিত্ৰ আৰু নিৰাপদ থাকিব।
প্রত্যেক জাতিৰ বন্ধন আৰু
সংগঠন শক্তি এটি কেন্দ্ৰ ওপৰত নিৰ্ভৰ কৰে। কেন্দ্ৰৰ বলতেই জাতীয় জীৱনে স্থিৰতা
আৰু অমৰত্ব লাভ কৰে। পবিত্র কাবা শ্বৰীফ মুছলিম বিশ্বৰ কেন্দ্ৰ আৰু ইছলামী ভ্ৰাতৃত্বৰ মিলন
সেতু। মুছলিম বিশ্বৰ জাতীয় জীৱন জমজমৰ পানীত উৰ্বৰা হয়। অনিবার্য ধ্বংসৰ
হাতৰপৰা হাত সাৰি থাকিবলৈ সকলো জাতিৰে কেন্দ্ৰ আৰু লক্ষ্য থকা উচিত। কেন্দ্ৰ আৰু
লক্ষ্যহীন জাতিৰ ধ্বংস অনিবার্য। ভাৰতীয় হিন্দুৰ কোনো জাতীয় কেন্দ্ৰ
নথকাৰ কাৰণেই বিদেশীসকলে যুগে যুগে ভাৰত আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল। ইতিহাস ইয়াৰ সাক্ষী।
জাতীয় কেন্দ্ৰ হাতৰপৰা গুচি যোৱাৰ ফলত ইহুদীসকলৰ পতন হৈছিল। মুছলিমসকলৰ জাতীয়
ৰাজধানী হ’ল কাবা শ্বৰীফ। মুছলিমসকল এই
জাতীয় কেন্দ্ৰৰপৰা বিচ্যুত হ’লেই তেওঁলোকৰ পতন অনিবার্য। পবিত্র হজ্বে এই কেন্দ্ৰক
স্থিতিশীল আৰু স্থায়ী কৰি ৰাখিছে। এই কাৰণেই হজ্বৰ ফজিলত বহু বেছি। কাবা
শ্বৰীফ আৰু পবিত্র হজ্বে মুছলিম বিশ্বক এক অখণ্ড জাতিত পৰিণত হোৱাৰ বাবে প্ৰেৰণা যোগাই
আহিছে। বিশ্বৰ সৰ্বত্ৰ মুছলিমসকল বিচ্ছিন্নভাবে থাকিলেও তেওঁলোকৰ মন-প্ৰাণ আৰু
লক্ষ্য কাবা শ্বৰীফৰ ফালে নিৱদ্ধ হৈ
আছে।
কাবা শ্বৰীফৰ সৃষ্টি
কাহিনীঃ- কাবা শ্বৰীফ পৃথিবীৰ প্ৰথম মছজিদ। চতুৰ্থ আচমানত আকীক পাথৰেৰে নিৰ্মিত
বাইতুল মামুৰ নামৰ এটি পবিত্র মছজিদ আছে। এই মছজিদত ফিৰিস্তাসকলে
আল্লাহ পাকৰ এবাদত কৰে। হজৰত আদম(আঃ) যেতিয়া পৃথিবীলৈ আহিছিল তেতিয়া তেওঁ আল্লাহ পাকৰ
এবাদতৰ কাৰণে এটি মছজিদ প্রার্থনা কৰিছিল। আল্লাহ পাকে তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰে
আৰু আল্লাহৰ আদেশত ফিৰিস্তাসকলে বাইতুল মামুৰৰ নুৰাণী নক্সা পৃথিবীৰ মধ্যস্থলত নিক্ষেপ কৰে। হজৰত
আদম(আঃ)ৰ পুতেক হজৰত শীচ (আঃ) সেই নক্সাৰ অনুকৰণত তাত এটি মছজিদ নিৰ্মাণ কৰে। এইটোৱে
মুছলমানসকলৰ বায়তুল্লাহ। হজৰত নুহ(আঃ)ৰ দিনত মহাপ্লাৱন সংঘটিত হৈছিল আৰু সেই মহাপ্লাৱনৰ
সময়ত পবিত্র কাবা শ্বৰীফ আংশিকভাবে ক্ষতিগ্রস্ত হৈছিল। হজৰত ইব্রাহীম (আঃ) আৰু
তেওঁৰ পুত্ৰ ইছমাইল(আঃ)এ কাবাগৃহটো পুনৰ নিৰ্মাণ কৰে।
কাবা শ্বৰীফৰ পূৰ্ব কোণত
তিনিহাত ওখত এটি পাথৰৰ মেহৰাব খোদিত আছে। ইয়াৰ ভিতৰতেই পবিত্ৰ হাজৰে আছওয়াদ
অর্থাৎ ক’লা পাথৰ প্রোথিত
আছে। হাজীসকলে এই আছওয়াদ পাথৰৰপৰা আৰম্ভ কৰি বায়তুল্লাহ তাওয়াফ (প্রদক্ষিণ) কৰে
আৰু প্ৰত্যেকবাৰ এই পাথৰত চুম্বন কৰে। এই পাথৰত চুম্বনৰ ফলত আল্লাহ
তায়ালাই তেওঁলোকৰ সমগ্ৰ জীৱনৰ গোনাহ(পাপ) ক্ষমা কৰি দিয়ে।
তিৰমিজি শ্বৰীফৰ
বৰ্ণনা অনুসৰি এই পাথৰটো হজৰত আদম(আঃ)ৰ লগত বেহেস্তৰপৰা পৃথিবীলৈ প্ৰেৰণ কৰা হৈছিল
আৰু পাথৰটো কোৰেশ পাহাৰৰ ওপৰত পতিত হৈছিল। কাবা শ্বৰীফ পুনঃ নিৰ্মাণৰ সময়ত হজৰত
ইব্রাহীম(আঃ)ৰ নিৰ্দেশত হজৰত ইছমাইল(আঃ)এ পাথৰটো কোশে পাহাৰৰ পৰা আনি কাবা শ্বৰীফত
স্থাপন কৰিছিল। প্রথমে পাথৰটো বগা আছিল; কিন্তু গোনাহগাৰ লোকৰ চুম্বনৰ ফলত কালক্ৰমত পাথৰটো
ক’লা বৰণ ধাৰণ
কৰিছে। এই পাথৰটো বেহেস্তৰ স্মৃতিচিহ্ন। সেয়ে পাথৰটোত চুম্বন কৰিলে সেই চুম্বন
মাথোন তাতেই সীমাৱদ্ধ
হৈ নাথাকে, বৰং বহু স্তৰৰ
মাজেদি আল্লাহৰ ফালে অগ্ৰসৰ হয়।
মক্কাত অৱস্থিত মাকামে
ইব্রাহীম এটি পবিত্র স্থান। এই স্থানত থিয় হৈ হজৰত ইব্রাহীম(আঃ) আৰু ইছমাইল(আঃ)এ
কাবা শ্বৰীফ পুনৰ নিৰ্মাণ কৰিছিল৷ সেয়ে এই মাকামে ইব্রাহীম প্রার্থনা কবুল হোৱাৰ বিশেষ স্থান।
কাবা শ্বৰীফৰ লগতে হাতেমা কাবা অৱস্থিত। হাতেমা কাবাত নামাজ আদায়
কৰিলে কাবা শ্বৰীফৰ অভ্যন্তৰত নামাজ আদায় কৰাৰ ছোৱাব(পুণ্য) পোৱা যায়। কাবা
শ্বৰীফৰ ছাদৰপৰা পানী নিৰ্গত হোৱাৰ কাৰণে এটি পাইপ আছে। হাজীসকলে কোৱামতে সেই
পাইপৰ ঠিক তলত থিয় হৈ নামাজ আদায় কৰিলে বেহেস্তত নামাজ আদায় কৰাৰ পুণ্য পোৱা যায়।
হজ্ব ইছলামী আদৰ্শৰ
চতুৰ্থ স্তম্ভ(আধাৰ, ভেটি)। এই
আধাৰটোৱে ইছলামী আদৰ্শত এক বিশেষ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। ইয়াৰ জৰিয়তে
ইছলামে পৰিপূৰ্ণতা লাভ কৰে। নবী(ছাঃ)এ কৈছে- যিগৰাকী ব্যক্তিয়ে বিনা কাৰণত
স্বেচ্ছায় পবিত্র হজব্রত পালন নকৰাকৈ মৃত্যু বৰণ কৰে, সি নাছাৰা(ইহুদী) হৈ মৃত্যু বৰণ কৰে। সক্ষম
স্বাধীন মুছলমানৰ জীৱনত এবাৰ হজব্রত পালন কৰা ফৰজ। আল্লাহই কোৰআনত ঘোষণা
কৰিছে- আল্লাহৰ কাৰণে হজ্ব আৰু উমৰা সামাধা কৰিবা; কিন্তু যদি তোমালোকৰ বাটত বাধা জন্মোৱা হয়, তেনেহ'লে এটি কোৰবানি পঠাই
দিবা; আৰু কোৰবানি
নিৰ্দিষ্ট স্থান নোপোৱালৈকে মূৰ নুখুৰাবা; কিন্তু তোমালোকৰ ভিতৰত যি ৰোগী বা যাৰ মূৰৰ অসুখ তাৰ
প্রায়শ্চিত্ত ৰোজা বা ভিক্ষাদান বা কোৰবানি। (ছুৰা আল বক্কৰাঃ ১৯৬)। আল্লাহই কৈছে, আৰু মানৱ জাতিৰ
মাজত হজ্ব প্রতিষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা। (ছুৰা আল হজ্বঃ২৮)। এই
দুই আয়াতৰ পৰা হজ্বৰ গুৰুত্বৰ কথা অনুধাৱন কৰিব পৰা যায়।
দুৰ্বল আৰু নাৰীসকলৰ
কাৰণে হজ্ব জেহাদ(ধর্মযুদ্ধ) তুল্য। হজ্বব্রত পালন কৰাৰ ফলত হাজীসকলৰ বিগত জীৱনৰ
সকলো পাপৰাশি মাফ হৈ যায় আৰু হাজীসকল নিজগৃহ লৈ উভতি অহাৰ আগলৈকে তেওঁলোকে আল্লাহৰ ওচৰত যি
প্ৰাৰ্থনা কৰে সেয়াই কবুল হয়। ইছলামৰ দ্বিতীয় গৰাকী খলিফা হজৰত ওমৰ(ৰাজিঃ)ই
কৈছে- হাজীসকলক ক্ষমা কৰা হয় আৰু তেওঁ যাৰ কাৰণে প্ৰাৰ্থনা কৰে তেওঁকো ক্ষমা কৰা হয়।
আল্লাহই কৈছে- যিসকলৰ হজ্ব মই কবুল নকৰোঁ, হজ্ব কবুল হোৱা হাজীসকলৰ অচিলাত সিহঁতৰ গোনাহ
ক্ষমা কৰি দিও। নবী(ছাঃ)এ কৈছে- এনেকুৱা কিছুমান পাপ আছে, যিবোৰ আৰাফাতৰ ময়দানত এবাৰ দণ্ডায়মান নহ'লে সেই পাপ ক্ষমা
নহয়। হাজীসকল যেতিয়া ‘লাব্বাইক’ বুলি আৰাফাতৰ
ময়দানত দণ্ডায়মান হয় আৰু কয়, হে’
সর্বপেক্ষা
ক্ষমাশীল, আজি তোমাৰ ওচৰত
গোনাহগাৰ বান্দা গোনাহৰ বোজা মূৰত লৈ তোমাৰ দৰবাৰত হাজিৰ, ক্ষমা কৰি দিয়া মাবুদ মোৰ সমস্ত গোনাহ, মই যে আজি তোমাৰ
অতিথি। তেতিয়া আল্লাহৰ কৰুণা সিন্ধু উথলি উঠে আৰু তেওঁ বান্দাৰ সমস্ত জীৱনৰ গোনাহ ক্ষমা কৰি
দিয়ে।
হাজী শব্দৰ অৰ্থ হ’ল, হজ্ব পালনকাৰী।
কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ হ’ল,
আৰাফাতৰ ময়দানত
ক্ষমাপ্রাপ্ত ব্যক্তি। সেয়ে হজ্বব্রত পালনকাৰীয়ে হাজী পদবী
ব্যৱহাৰ কৰি আল্লাহ পাকৰ কৃতজ্ঞতা আদায় কৰে। এই হাজী পদবীয়ে তেওঁলোকক সৎ পথত
চলাৰ কাৰণে প্ৰেৰণা যোগায়। যিসকলে হজ্বব্রত পালন কৰি ক্ষমাপ্রাপ্ত হৈছে
তেওঁলোকে এই কথা মনত ৰাখিলে কেতিয়াও পাপ কৰ্ম কৰিব নোৱাৰে। ইয়াতেই হজ্বৰ সার্থকতা।
নবী(ছাঃ)এ কৈছে, আল্লাহৰ তিনিজন
দোস্ত-হাজী, গাজী আৰু ওমৰাহ
হজ্ব পালনকাৰী।(নিয়ামূল কোৰআন) তেওঁ আৰু কৈছে যে, ‘হাজীৰ লগত সাক্ষাৎ
হ’লে ছালাম কৰা আৰু
তেওঁক দোয়া কৰিবলৈ অনুৰোধ কৰা।’ ইয়াৰপৰা হজ্বব্রত পালনৰ গুৰুত্ব তথা সাৰ্থকতা অনুধাৱন কৰিব পৰা
যায়।
প্রকাশ-অগ্রদূত-১০
অক্টোবৰ/২০১১
ৰমজানৰ ৰোজা আৰু
ইয়াৰ তাৎপৰ্য।
ইছলমাৰ মুল স্তম্ভ
পাঁচটা। ৰোজা (উপবাস)হ’ল ইছলামৰ তৃতীয়
স্তম্ভ। সেয়ে প্রতি বছৰ ৰমজান মাহত প্রত্যেক মুছলমানৰ কাৰণে ৰোজা ৰখা ফজ। এই ৰমজান
মাহৰ তাৎপর্য অপৰিসীম। এই ৰমজান মাহতে প্ৰায়বোৰ আচমানী কিতাপ অৱতীৰ্ণ হৈছে।
পবিত্র কোৰআন শ্বৰীফ এই ৰমজান মাহতে চবে কদৰৰ নিশা মক্কাৰ পৰা তিনি
কিলোমিটাৰ দূৰৈৰ হেৰা পৰ্বতৰ গুহাত প্রিয়নবী(ছাঃ)ওপৰত নাযেল হৈছে। সেয়ে ৰমজান মাহৰ লগতে
চবে কদৰৰ নিশাও অতি তাৎপর্যপূর্ণ। চবে কদৰৰ নিশাটোক হেজাৰ মাহতকৈও শ্রেষ্ঠ বুলি
স্বয়ং আল্লাহ তায়ালাই পবিত্র কোৰআনত ঘোষণা কৰিছে। সেয়ে চবে কদৰৰ
নিশাৰ এবাদত হোজৰ নিশাৰ এবাদতকৈও উত্তম। এই চবে কদৰৰ নিশা আল্লাহ তায়ালাই ৰহমত
(অনুগ্ৰহৰ)দুৱাৰ খুলি দিয়ে। সেয়ে বিশ্বৰ মুছলমানে চবে কদৰৰ নিশা উজাগৰে থাকি
আল্লাহৰ এবাদত(উপাসনা) কৰে। এই মাহৰ কোৰআন তেলাওয়াৎ অন্যান্য মাহৰ কোৰআন
তেলাওততকৈ অধিক নেকি (পুণ্য)ৰ কাম। এই মাহৰ নফল নামাজ অন্যান্য মাহৰ ৭০ ৰাকাত নফল
নামাজৰ সমতুল্য। হজৰত আবু হুৰায়ৰা(ৰাজিঃ)ৰ পৰা বর্ণিত আছে যে, নবী(ছাঃ) এ কৈছে, মাজন মাহৰ আগমন হ’লেবেহেস্তৰ
দুৱাৰসমূহ উন্মুক্ত কৰি দিয়া হয়। জাহন্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয় আৰু
চয়তানবোৰক শিকলিৰে বান্ধি বন্দী কৰি ৰখা হয়। আল্লাহই কৈছে, আল্লাহ ধৈৰ্যশীল
সকলৰ লগৰীয়া। নবী(ছাঃ)এ কৈছে, ৰোজা ধৈৰ্যৰ অৰ্দ্ধেক, সেয়েহে ইয়াৰপৰা ৰোজাৰ গুৰুত্ব সহজেই উপলব্ধি কৰিবপৰা
যায়। ৰোজাৰ অৰ্থ হ’ল বিৰত থকা। ৰোজা
হ’ল পাপ কৰ্মৰপৰা
আঁতৰি থকাৰ কাৰণে এক উত্তম ব্যৱস্থা। আল্লাহই কোৰআনত কৈছে, হে’ বিশ্বাসীসকল, তোমালোকৰ
পূৰ্বগামীসকলৰ নিমিত্তে যিদৰে ৰোজা নিৰ্দ্ধাৰিত কৰা হৈছিল তোমালোকৰ নিমিত্তেও সেইদৰে
নিৰ্দ্ধাৰিত কৰা হৈছে, যাতে তোমালোক পাপ
কৰ্মৰ আঁতৰি থাকা। (ছুৰা-বক্কৰাঃ ১৮৪)। আল্লাহই পবিত্র কোৰআনৰ ছুৰা বক্কৰাৰ
১৮৭ নং আয়াতৰ জৰিয়তে
ছেহেৰী গ্ৰহণ আৰু ইফতাৰৰ বিষয়ে এইদৰে ঘোষণা কৰিছে আৰু পুৱা বগা সূতা ক’লা সূতাৰপৰা
ভালকৈ পৃথক কৰিব
নোৱাৰালৈকে পান-ভোজন কৰিব পাৰা; তাৰ পাছত ৰাতিলৈকে ৰোজা পালন কৰিবা। ৰোজা ধৈৰ্যৰ প্ৰতীক তথা
মুছলমানসকলৰ কাৰণে কঠোৰ সাধনা, যাৰ পুৰষ্কাৰ হ’ল বেহেস্ত।
ৰোজাৰ তাৎপর্য অপৰিসীম।
(১) ৰোজাদাৰৰ আনন্দ দুই ধৰণৰ। এবিধ আনন্দ হ’ল ওৰেটো দিন উপবাসত থাকি সূর্যাস্তৰ পাছত ইফতাৰৰ আনন্দ আৰু
আনবিধ আনন্দ হ’ল, পৰকালত আল্লাহৰ
সান্নিধ্য লাভৰ আনন্দ। (২) আল্লাহই কৈছে, প্রত্যেক পুণ্য কৰ্মৰ কাৰণে ১০ গুণৰপৰা সাতশ
গুণলৈকে ছওৱাব (পুণ্য) দিয়া হয়, কিন্তু ৰোজাদাৰে একমাত্ৰ মোৰ সন্তুষ্টিৰ কাৰণে সকলো
কামনা-বাসনা আৰু পানাহৰ ত্যাগ কৰি ৰোজা ৰাখে, সেয়ে তেওঁলোকৰ
প্ৰতিদান মই নিজে দিম। (৩) বেহেস্তৰ আঠোটা দুৱাৰৰ ভিতৰত এটা দুৱাৰৰ নাম হ’ল ‘ৰাইয়ান’। এই ৰাইয়ান
দুৱাৰেদি প্ৰৱেশ কৰিব মাথোন ৰোজাদাসকল। ৰোজাদাৰৰ বাহিৰে এই দুৱাৰেদি বেলেগে প্ৰৱেশ
কৰিব নোৱাৰিব। ৰোজাই ৰোজাদাৰসকলৰ পূৰ্বৱৰ্তী সময়ৰ সকলো পাপ নাশ
কৰে। (৫) ৰোজাদাৰৰ মুখৰ গোন্ধ আল্লাহৰ ওচৰত কস্তুৰীৰ সুগোন্ধতকৈও অধিক সুগোন্ধময়। (৬)
ৰোজাই হাৰাম (অপবিত্ৰ) বস্তু বৰ্জন, হাৰাম কৰ্ম ত্যাগ আৰু আল্লাহৰ আদেশ পালন কৰিবলৈ
সহজতৰ কৰি দিয়ে। (৭) ৰোজাদাৰৰ নিদ্রা এবাদত স্বৰূপ আৰু ৰোজাদাৰ মনে
মনে থকাটো তছবীহ স্বৰূপ। (৮) আল্লাহ পাক স্বয়ং ৰোজাদাৰ, কাৰণ আল্লাহ পাকো পানাহাৰৰ পৰা
মুক্ত। ৰোজাদাৰে দিনত পানাহাৰৰপৰা বিৰত থাকে, সেয়ে ৰোজাদাৰৰ ওপৰত আল্লাহৰ প্ৰত্যক্ষ প্রভাৱ
পৰে। ফলত ৰোজাদাৰৰ ‘ৰিযিক’ ৰমজান মাহত
বৃদ্ধি পায় (৯) ৰোজাই মানুহৰ ফাঁকি দিয়াৰ প্ৰৱণতা দূৰ কৰে। কাৰণ ৰোজাদাৰসকলে
দিনত গোপনে পানাহাৰ কৰিলেও কৰিব পাৰে, কিন্তু পানাহাৰ নকৰে। (১১) ৰোজাদাৰসকলে খাদ্যবস্তু সন্মুখত
ৰাখি সকলো প্ৰকাৰ প্ৰলোভনৰ পৰা মুক্ত হৈ এমাহ ব্যাপী মাথোন আল্লাহৰ সন্তুষ্টিৰ কাৰণে
ৰোজাব্রত পালন কৰে। ৰোজাদাৰে শুষ্ক মলিন মুখ আৰু ক্লান্ত দেহত যেতিয়া নিজৰ নিজৰ কার্য সম্পাদন
কৰে তেতিয়া আল্লাহই ফিৰিস্তাসকলক মাতি কয়, ‘চোৱা, মোৰ বান্দাই মোৰ সন্তুষ্টিৰ কাৰণে কিমান
আত্মত্যাগ কৰিছে।' সেই সময়ত আল্লাহৰ
কৰুণা সিন্ধু উথলি উঠে আৰু আনন্দত বান্দাৰ সকলো পাপ ক্ষমা কৰি দিয়ে। (১২)
ৰোজাদাৰক ইফতাৰ কৰোৱালে ইফতাৰ কৰোৱাজনৰ পুণ্য লাভ হয় অথচ ৰোজাদাৰৰ
বিন্দু মাত্র পুণ্যও হ্রাস নাপায় (১৩) ৰোজাই মানুহক সংযমী কৰি তোলে। ৰোজাই আত্মাক শক্তিশালী
কৰে আৰু স্মৰণ শক্তি বৃদ্ধি কৰে।
ৰোজাই মাথোন মানুহৰ
আত্মিক উৎকর্ষ সাধন নকৰে এনে নহয়, এমাহ কাল বিৰামহীনভাবে ৰোজাব্রত পালন কৰাৰ ফলত
দৈহিক উৎকর্ষ সাধনতো
ৰোজাই অপৰিসীম ভুমিকা পালন কৰে। এমাহ বিৰামহীনভাবে ৰোজা ৰখাৰ ফলত মানৱ দেহৰ বিপুল
পৰিৱৰ্তন হয় আৰু সংযমী আৰু নিয়ন্ত্ৰিত জীৱন যাপন কৰিবলৈ সহজ হয়। শৰীৰৰ অংগ-প্রতংগ, বায়ু, পিত্ত, কফ মানুহৰ
অজ্ঞাতসাৰে ঘণ্টাই ঘণ্টাই পৰিৱৰ্তন হৈ থাকে। ইয়াৰ উপৰিও
হৃদযন্ত্ৰৰ ক্ৰিয়া, তেজ চলাচল, মূত্রগ্রন্থি, কৃতৰ ক্ৰিয়া আৰু
তেজৰো প্ৰতিনিয়ত পৰিৱৰ্তন হৈ থাকে। সমগ্ৰ বছৰ শৰীৰত যি বিষ জমা
হয় এমাহ কাল ৰোজাব্রত পালন কৰা ফলত সেই বিষ নিঃশেষ হৈ তেজ বিষ মুক্ত হয়। ৰোজা
বহুমূত্ৰ ৰোগৰো মহৌষধ। বহুমূত্ৰ ৰোগৰ সূত্ৰপাত হ’লে কিছুদিন ৰোজ ব্রত পালন কৰিলে আৰু প্ৰচুৰ
পৰিমাণে পানী পান কৰিলে তেজ আৰু প্ৰসাৱৰ চেনিৰ পৰিমাণ হ্ৰাস হৈ
আহে আৰু তেজত ক্ষাৰৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে বহুমূত্ৰ ৰোগ নিৰাময়ৰ কাৰণে ৰোজা
বিশেষ উপকাৰী। ডাক্তৰসকলে পৰীক্ষাৰ দ্বাৰা জানিবলৈ সক্ষম হৈছে যে, যিসকলে আজীৱন
ৰোজাব্রত পালন কৰে তেওঁলোক সাধাৰণতঃ বহুমূত্ৰ, বাত, অজীর্ণ, হৃদৰোগ আৰু ৰক্তচাপজনিত ৰোগত আক্ৰান্ত নহয়৷ ৰোজাৰ
উপবাসৰ ফলত খাদ্যৰ সমতা ৰক্ষা হয় আৰু পাকস্থলীয়ে বিশ্রাম পায়। ফলত ৰোজাদাৰসকল অজীৰ্ণ ৰোগত
আক্ৰান্ত নহয়। সপ্তাহত এদিন ৰোজাব্রত পালন কৰাটো বহুমূত্ৰ ৰোগীসকলৰ কাৰণে বিশেষ
ফলপ্রদ।
ৰোজাই আয়ু বৃদ্ধি কৰে ।
ডাঃ ক্লাইভ মেককে মানৱ জীৱন দীর্ঘায়ু কৰাৰ এক উপায় উদ্ভাৱন কৰিছে। মেককৰ তত্ত্ব
হ’ল, মানৱ দেহ যিমান দিনলৈ বৃদ্ধি হৈ
থাকে সিমান দিনলৈ বার্ধক্য আহিব নোৱাৰে। শৰীৰৰ বৰ্দ্ধন শক্তি হ্রাস পালেই শৰীৰৰ
ক্ষয় আৰম্ভ হয় আৰু বাৰ্ধক্য উপস্থিত হয়। সেয়েহে বার্ধক্যক বাধা দিবলৈ হ'লে শৰীৰৰ বৃদ্ধি
মন্থৰ গতিত হোৱাৰ ব্যৱস্থা কৰিব লাগিব। ৰোজাৰ উপবাসে শৰীৰৰ বৃদ্ধি মন্থৰ কৰি বাৰ্ধক্যৰ সূচনা
ৰোধ কৰে। ফলত আয়ু বৃদ্ধি হয়। ডাঃ মেককে নিগনি লৈ পৰীক্ষা-নিৰীক্ষা চলাই ইয়াৰ সত্যতা
প্রমাণ কৰিছে। আধুনিক চিকিৎসা বিজ্ঞানেও কৈছে যে, দীর্ঘায়ু লাভ
কৰিবলৈ হ'লে খোৱাৰ বৰ বেছি
প্ৰয়োজন নহয়।
পাঁচ প্ৰকাৰ কৰ্মই ৰোজাৰ
পুণ্য বিনাশ কৰে। (১) পৰনাৰীৰ প্ৰতি কু-দৃষ্টি। (২) মিছা কথা কোৱা (৩) মিছা শপত
খোৱা (৪) পৰচৰ্চা আৰু (৫)পৰনিন্দা কৰা।
নবী (ছাঃ)এ কৈছে, যিজন ৰোজাদাৰে
মিথ্যা আৰু বেয়া কৰ্ম ত্যাগ কৰিব নোৱাৰে তাৰ ৰোজাত আল্লাহৰ প্ৰয়োজন নাই। হজৰত আলী(ৰাজিঃ)ই
কৈছে, যি ৰোজাদাৰে
অনর্থক কথা আৰু বেয়া কৰ্ম ত্যাগ কৰিব নোৱাৰে আৰু সংযম ধাৰণ কৰিব নোৱাৰে তাৰ ৰোজাব্রত পালন
কৰা বৃথা। মাথোন এয়াই নহয়, ৰোজা ৰাখি অশ্লীল কথা-বাৰ্তা কোৱা আৰু হৈ-হট্টগোল কৰাও
নিষেধ। এই সম্বন্ধে আবু হুৰায়ৰা (ৰাজিঃ)ই বৰ্ণনা কৰিছে যে, তেওঁ নবী(ছাঃ)ক
কোৱা শুনিছে, আল্লাহই কৈছে-
আদম সন্তানৰ যাৱতীয় আমল (উপাসনা)তাৰ নিজৰ কাৰণে; কিন্তু ৰোজাব্ৰত বিশেষকৈ মোৰ কাৰণেই পালন কৰা
হয় আৰু মই নিজেই ইয়াৰ প্ৰতিদান দিম। সেয়েহে যেতিয়া তোমালোকৰ কাৰোবাৰ ৰোজাৰ
দিন আহে, সি যেন সেইদিনা
অশ্লীল কথা-বার্তা নকয় আৰু অনর্থক হট্টগোল নকৰে। কোনোবাই গালি দিলে অথবা কাজিয়া কৰিব
বিচাৰিলে সি যেন কয়, ‘মই এজন ৰোজাদাৰ।
সেই মহান আল্লাহৰ কচম, যাৰ হাতত মহম্মদৰ
জীৱন।' সেয়েহে মাথোন পানাহাৰ ত্যাগ
কৰিলেই ৰোজাব্রত পালন কৰা নহয়, ৰোজাব্রত পালন কৰাৰ সময়ত কোৰআন আৰু হাদীছৰ নির্দেশনা মানি
চলাও অতি জৰুৰী। কাৰণ উপবাস আৰু ৰোজাৰ অৰ্থ একে নহয়। ইছলামত ৰোজা কাম্য সঁচা, কিন্তু মাথোন
উপবাস কাম্য নহয়। এফালে উপবাস আৰু আনফালে পাপকৰ্ম আৰু সংযমহীন জীৱন-যাপন এই ধৰণৰ
ৰোজাৰ স্থান ইছলামত নাই। আল্লাহই কোৰআনত কৈছে, আৰু তোমালোক যে নিজৰ ঘৰলৈ
পিছফালেদি সোমোৱা সেয়া ধর্ম নহয়। কিন্তু আল্লাহৰ প্ৰতি যিজনে ভয় ৰাখে সেইজনেই
ধর্ম পালন কৰে; আৰু ঘৰলৈ (আগ)দুৱাৰেদি
সোমাবা; আৰু আল্লাহলৈ ভয়
ৰাখিবা, যাতে তোমালোক সফল
মনোৰ্থ হ’ব পাৰা। (আল
বক্কৰাঃ ১৮৯) আল্লাহই কোৰআনত আৰু ঘোষণা কৰিছে, কিন্তু সীমা লংঘন নকৰিবা। স্বৰূপতে আল্লাহই
সীমা লংঘনকাৰীক ভাল নাপায়। (ছুৰা আল বক্কৰাঃ ১৯০) এই আয়াতৰপৰা স্পষ্ট
হৈ পৰিছে যে, ৰোজাৰ প্ৰকৃত লাভ
পাবলৈ হ'লে, আল্লাহই ৰোজাৰ
সময়ত যিবোৰ কৰ্মৰপৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে. ৰোজাদাৰে
সেইবোৰ কৰ্মৰ পৰা আঁতৰি থকাটো অৱশ্যে কর্তব্য।
প্রকাশ-অগ্রদূত- ১০
আগষ্ট/২০১২
ঈদ-উল-আযহা
(বকৰীদ)
আৰবী কেলেণ্ডাৰ অনুসৰি
পবিত্ৰ জিলহজ্জ মাহৰ ১০ তাৰিখে বিশ্বৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী মানুহে পৰম আনন্দ
আৰু মহাসমাৰোহেৰে যি ঈদ উৎসৱ পালন কৰে সেয়াই ঈদ-উল-আযহা নামেৰে জনাজাত। ঈদৰ দিনা ৰাতিপুৱা
মুছলমানসকলে নিৰ্দ্দিষ্ট মাঠ (ময়দান)ত সমৱেত হৈ জামাতত দুই
ৰাকাত ওৱাজির নামাজ আদায় কৰি পশু কোৰবানি কৰে।
হজৰত ইব্রাহীম(আঃ)
আল্লাহৰ নবী আছিল। তেওঁ স্বপ্নযোগে আদিষ্ট হৈ জিলহজ্জ মাহৰ ১০ তাৰিখে প্ৰিয়পুত্ৰ
ইছমাইল (আঃ)ক মক্কাৰ মিনা পাহাৰৰ পাদদেশত কোৰবানি কৰিবলৈ লৈ গৈছিল।
তেতিয়াৰপৰাই ইছলাম ধৰ্মাৱলম্বী লোকসকলে পশু কোৰাবনিৰ জৰিয়তে এই উৎসৱ পালন কৰি
আহিছে। এই কোৰবানিৰ লগত হজৰত ইব্রাহীম(আঃ), হজৰত ইছমাইল(আঃ) আৰু বিবি হাজেৰা (ৰহঃ)ৰ এক মমত্তুদ্ কাহিনী সম্পৃক্ত
হৈ আছে।
হজৰত ইব্রাহীম(আঃ)ৰ
দ্বিতীয় গৰাকী পত্নী বিবি হাজেৰা(ৰহঃ) মিছৰৰ অধিবাসী আছিল। তেতিয়া মিছৰৰ বাদচাহ
আছিল ব্যভিচাৰী, নাৰীলোভী লম্পট
চাদুন। নাৰীক তেওঁ ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। বিবি হাজেৰা(ৰহঃ)ৰ ওপৰতো
তাৰ চকু পৰিছিল। সি হাজেৰা(ৰহঃ)ক পাপ প্ৰস্তাৱ আগবঢ়াইছিল; কিন্তু
হাজেৰা(ৰাজিঃ) তাৰ পাপ প্ৰস্তাৱত সন্মত নোহোৱাত সি হাজেৰা(ৰহঃ)ক কাৰাগাৰত বন্দী কৰি ৰাখিছিল।
চাদুনৰ এই অন্যায় উৎপীড়নৰ কথা হজৰত ইব্রাহীম(আঃ)ৰ কাণত পৰে আৰু তেওঁ চাদুনৰ
উৎপীড়ন অত্যাচাৰৰপৰা মিছৰবাসীক উদ্ধাৰৰ সংকল্প লৈ ধৰ্ম প্ৰচাৰৰ
উদ্দেশ্যে স্ত্ৰী ছাৰাক লৈ মিছৰলৈ আহে। লম্পট চাদুনে ইব্রাহীম(আঃ)কো বন্দী কৰি
স্বভাৱজাতভাবে ছাৰাৰ প্ৰতিও কামনাৰ হাত প্ৰসাৰিত কৰে; কিন্তু ছাৰাৰ সতীত্ব গুণৰ বলত আৰু অলৌকিক
শক্তিৰ প্ৰভাৱত চাদুনৰ সৰ্বশৰীৰ অৱশ হৈ পৰে আৰু সি অন্ধ হৈ যায়। ফলত চাদুনৰ জ্ঞান-চক্ষু
মুকলি হয় আৰু সি হজৰত ইব্রাহীম (আঃ)ক বন্দীদশাৰ পৰা মুক্ত কৰি তাৰ কৃতকৰ্মৰ বাবে ক্ষমা প্রার্থনা
কৰি ইব্রাহীম (আঃ)ৰ প্ৰচাৰিত ধৰ্মত দীক্ষিত হয়। কৃতজ্ঞতাৰ চিহ্নস্বৰূপে সি হাজেৰা
(ৰহঃ)ক বন্দীদশাৰপৰা মুক্ত কৰি ইব্রাহীম (আঃ)ৰ হাতত সমৰ্পণ কৰে। প্ৰথমাৱস্থাত হজৰত
ইব্রাহীম (আঃ)এ হাজেৰা (ৰাজিঃ)ক নিজৰ লগত আনিবলৈ ইতস্ততঃ কৰিছিল যদিও শেষত ছাৰাৰ
পৰামৰ্শমর্মে জেৰুজালেমলৈ লৈ আহে। তেতিয়াৰপৰা হাজেৰা(ৰহঃ) সুদীর্ঘদিন হজৰত
ইব্রাহীম (আঃ)ৰ গৃহত আশ্রিতা হিচাপে আছিল।
প্রথমা স্ত্রী ছাৰাৰ
অনাবিল প্ৰেমৰ মাজত হজৰত ইব্রাহীম (আঃ)ৰ পাৰিবাৰিক জীৱন অতি সুখেৰেই অতিবাহিত হৈ
আছিল। অর্থ, খাদ্য, বাসস্থান, প্রতিষ্ঠা কোনো
বস্তুৰে অভাৱ নাছিল তেওঁলোকৰ সংসাৰত। কিন্তু সুদীর্ঘ দাম্পত্য জীৱনত তেওঁলোকৰ কোনো
সন্তানৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাছিল। সেয়ে ছাৰাৰ অনুৰোধক্ৰমে বংশৰক্ষাৰ কাৰণে হজৰত ইব্রাহীম
(আঃ) প্রৌঢ় বয়সত বিবি হাজেৰাৰ লগত বিবাহপাশত আৱদ্ধ হয়।
প্ৰকৃতিৰ নিয়ম অনুসৰি হজৰত হাজেৰাই পৰম সুশ্ৰী এটি পুত্র সন্তান লাভ কৰে। প্রৌঢ়
বয়সত পুত্র সন্তান লাভ কৰি হজৰত ইব্রাহীম (আঃ) আনন্দত উৎফুল্লিত হৈ উঠে আৰু
পুত্ৰ সন্তানৰ নাম ৰাখে ইছমাইল।
মানৱ চৰিত্ৰ বিচিত্র।
মানৱ চৰিত্ৰৰ গতিৰোধ কৰা বহু সময়ত অসম্ভৱ হৈ পৰে। ছাৰাৰ ক্ষেত্ৰতো সেয়াই হ’ল। হজৰত ইব্রাহীম
(আঃ)ৰ বংশৰক্ষাৰ
আকাংক্ষাত যিগৰাকী ছাৰা ব্যাকুল আছিল, যাৰ অনুৰোধক্ৰমে হজৰত ইব্রাহীম (আঃ) হজৰত
হাজেৰা (ৰহঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল, সেইগৰাকী ছাৰাই শিশু সন্তান ইছমাইল আৰু হজৰত
হাজেৰা (ৰহঃ)ৰ প্ৰতি বিদ্বেষী হৈ উঠিল আৰু শিশুপুত্র ইছমাইলসহ হাজেৰা(ৰহঃ)ক তৃণ, পানীহীন
মৰুপ্ৰান্তৰত নিৰ্বাসন দিবলৈ হজৰত ইব্রাহীম (আঃ)ক বাধ্য কৰালে। নানা দুখ-কষ্টৰ
মাজেৰে কিছুদিন অতিবাহিত কৰাৰ পাছত আল্লাহৰ অপাৰ মহিমাত তৃণ পানীহীন মৰুপ্ৰান্তৰ এটা সময়ত
সমৃদ্ধশালী জনপদ তথা ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৈ উঠে আৰু
কালক্ৰমত বিশ্বৰ বুকুত পবিত্র মক্কা নগৰী হিচাপে পৰিচিত হৈ পৰে। হাজেৰা(ৰহঃ)ক
নির্বাসন দি অহাৰ পাছত হজৰত ইব্রাহীম (আঃ)এ এদিন হাজেৰা(ৰহঃ) আৰু
ইছমাইল(আঃ)ৰ খবৰ ল’বলৈ গৈ উভয়ক অক্ষত
অৱস্থাত লগ পাই পৰম তৃপ্তি লাভ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ মাজে-সময়ে স্ত্রী-পুত্ৰৰ
খবৰ ল’বলৈ মক্কা নগৰী
লৈ অহা-যোৱা কৰিবলৈ ধৰে। ফলত হজৰত ইব্রাহীম (আঃ)ৰ হৃদয়ত লাহে লাহে
সন্তান বাৎসল্য স্নেহই প্রবল ৰূপ ধাৰণ কৰে।
হজৰত ইব্রাহীম (আঃ)এ নিজৰ
সন্তানক আল্লাহৰ নামত বিসৰ্জন কৰিব পাৰে, নে নাই তাকে পৰীক্ষা কৰিবলৈ মনস্থ কৰি আল্লাহই হজৰত ইব্রাহীম
(আঃ)ক জিলহজ্জ মাহৰ ৮ তাৰিখে স্বপ্নযোগে ক’লে- ‘হে’ ইব্রাহীম! তুমি মোৰ নামত তোমাৰ প্ৰিয়বস্তু
কোৰবানি কৰা।’
সপোন দেখি হজৰত ইব্রাহীম
(আঃ)ৰ টোপনি ভাঙি গ'ল আৰু পাছদিনা
ৰাতিপুৱা দোকমোকালিতে তেওঁ আল্লাহৰ নামত এশ উট কোৰবানি কৰিলে।
পাছদিনা ৰাতি তেওঁ পুনৰ একেই সপোন দেখিলে। সপোন দেখি বিস্মিত হৈ তেওঁ ভাবিলে- মোৰ
কোৰবানিত হয়তো কিবা ত্রুটি হৈছে, যাৰ বাবে আল্লাহই
মোৰ কোৰবানি কবুল(স্বীকাৰ) কৰা নাই। পাছদিনা ৰাতিপুৱা তেওঁ পুনৰ এশ উট কোৰবানি কৰিলে।
কিন্তু এইবাৰো সেই
কোৰবানি কবুল নহ’ল। ৰাতি তেওঁ
পুনৰ সপোন দেখিলে। সপোনত আল্লাহই ক’লে- ‘ইব্রাহীম! মিছাতে তুমি এইদৰে ৰক্তপাত কৰিছা
কিয়? তুমি তোমাৰ
আটাইতকৈ প্ৰিয়বস্তু কোৰবানি কৰা।’
সপোন দেখি হজৰত ইব্রাহীম
(আঃ)ৰ টোপনি ভাঙি গ'ল। তেওঁ লগে লগে
বিছনাত উঠি বহিল। তেওঁ ভাবিবলৈ ধৰিলে, নিশ্চয় আল্লাহই মোৰ ওচৰত পশু কোৰবানি বিচৰা নাই। মোৰ
আটাইতকৈ প্রিয় বস্তুটোহে বিচাৰিছে; কিন্তু কি সেই প্রিয় বস্তু! বহু সময়
চিন্তামগ্ন থকাৰ পাছত তেওঁ মনে মনে ভাবিলে, প্রাণাধিক পুত্ৰ ইছমাইলেতো মোৰ আটাইতকৈ প্রিয়
বস্তু। তাক মই প্ৰাণতকৈও অধিক স্নেহ কৰোঁ।
তেনেহ'লে আল্লাহই
ইছমাইলকে কোৰবানি দিবলৈ কৈছে নেকি? হয়, বুজিব পাৰিছো, আল্লাহই নিশ্চয় মোৰ হৃদয়ৰ ধন ইছমাইলকে কোৰবানি হিচাপে
বিচাৰিছে! সেই কাৰণেইতো আল্লাহই মোৰ পশু কোৰবানি কবুল কৰা নাই! এইদৰে মনতে ভাবি
হজৰত ইব্রাহীম(আঃ) প্রাণাধিক পুত্র ইছমাইলকে কোৰবানি দিয়াৰ বাবে মনস্থিৰ কৰিলে।
পাছদিনা দোকমোকালিতে হজৰত
ইব্রাহীম(আঃ) হাজেৰা (ৰহঃ)ৰ ওচৰলৈ আহি ক’লে-ইছমাইলক গা-পা ধোৱাই সজাই-পৰাই দিয়া, তেওঁক লৈ মই
ফুৰিবলৈ যাম। স্বামীৰ প্ৰকৃত মনোভাব উপলব্ধি কৰিব নোৱাৰি হাজেৰা (ৰাজিঃ)ই স্বামীৰ
কথামতে গা-পা ধোৱাই সজাই- পৰাই ইছমাইলক স্বামীৰ লগত পঠিয়াই দিলে।
ইছমাইলক লৈ হজৰত ইব্রাহীম
(আঃ) মীনা পাহাৰৰ পাদদেশলৈ আহি ক'লে- হে’ মোৰ প্ৰাণধিক পুত্ৰ ইছমাইল! মই সপোনত প্ৰত্যক্ষ কৰিছো যে, মই তোমাক আল্লাহৰ
নামত কোৰবানি কৰিছো, এই বিষয়ে তোমাৰ
অভিমত কি?
পিতৃৰ যোগ্য সন্তান
ইছমাইল। তেওঁ পিতৃৰ কথা শুনি ক’লে- ‘দেউতা, আপুনি আল্লাহৰ
নিৰ্দ্দেশ নির্বিঘ্নে পালন কৰক। মোক আপুনি নিশ্চয় ধৈর্যশীল ৰূপতেই দেখিবলৈ পাব। দেউতা, এই পৃথিবীত
আল্লাহৰ সৃষ্ট জীৱৰ অভাৱ নাই; কিন্তু তাৰ মাজৰপৰৰা আল্লাহই মোক তেওঁৰ উদ্দেশ্যে
উৎসর্গ কৰাৰ কাৰণে মনোনীত কৰিছে, ইয়াতকৈ সৌভাগ্যৰ কথা মোৰ কাৰণে কি হ’ব পাৰে!
সঁচাকৈয়ে আজি মোৰ জীৱন ধন্য হ’ল। আপুনি
বিন্দুমাত্র দ্বিধা-সংকোচ নকৰাকৈ এই মুহূর্তেই মোক আল্লাহৰ নামত কোৰবানি কৰক।'
পুত্ৰৰ কথা শুনি হজৰত
ইব্রাহীম (আঃ) উৎফুল্লিত হৈ আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি ক'লে- হে’ মোৰ আল্লাহ
সঁচাকৈয়ে মই ভাগ্যবান! তুমি মোক উপযুক্ত সন্তান দান কৰিছা। এনেকুৱা সুপুত্ৰ লাভ কৰি মোৰ
জীৱন ধন্য হ'ল।' এইদৰে আল্লাহৰ
ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ ইছমাইলক কাষলৈ টানি আনি বুকুত সাৱটি ধৰি কপালত চুমা খালে। তাৰ পাছত ইছমাইলৰ
হাত-ভৰি বান্ধি মাটিত শুৱাই দি সুতীক্ষ্ণ ছুৰী হাতত লৈ আল্লাহৰ উদ্দেশ্যে ক’লে- হে’ মোৰ আল্লাহ, তুমি এই অধমৰ
কোৰবানি কবুল কৰা।' এইদৰে কৈয়ে তেওঁ ‘বিছমিল্লাহি
ৰহমানিৰ ৰাহীম, আল্লাহু আকবৰ' বুলি ইছমাইলৰ
ডিঙিত ছুৰী চলালে। কিন্তু ইকি অদ্ভুত কাণ্ড! তেওঁ ইছমাইলৰ ডিঙিত সামান্যতম দাগো
বহুৱাব নোৱাৰিলে, কটাতো দূৰৰে কথা!
কাণ্ড প্রত্যক্ষ কৰি বিস্ময়ত হতবাক হৈ হজৰত ইব্রাহীম (আঃ)এ ছুৰীৰ ধাৰ পৰীক্ষা কৰিবলৈ
ধৰিলে। ধাৰ ঠিকেই আছে, সামান্য মাখি এটা
পৰিলেও দুছেও হৈ যাব এনেকুৱা ধাৰ বিদ্যমান ছুৰীত। অথচ তেওঁ ইছমাইলৰ ডিঙিৰ নোম এডালো
কাটিবলৈ সক্ষম হোৱা নাই! ই কেনেকৈ সম্ভৱ! তেওঁ হয়তো পুত্ৰ স্নেহৰ কাৰণে
প্ৰয়োজনীয় বল প্রয়োগ কৰিব পৰানাই! যাৰ বাবে তেওঁ ইছমাইলৰ ডিঙিৰ নোম এডালো
কটিবলৈ সক্ষম হোৱা নাই। এইদৰে মনতে ভাবি তেওঁ এইবাৰ সজোৰে ইছমাইলৰ ডিঙিত ছুৰী
চলালে। কিন্তু বিস্ময়ৰ কথা যে, এইবাৰো তেওঁ ইছমাইলৰ ডিঙিত সামান্যতম দাগো বহুৱাব নোৱাৰিলে। অৱশেষত তেওঁ উপর্যুপৰি
ইছমাইলৰ ডিঙিত ছুৰী চলালবলৈ ধৰিলে ৷ কিন্তু প্রতিবাৰতে তেওঁ ব্যৰ্থ হ'ল।
বাৰে বাৰে ব্যৰ্থ হৈ হজৰত
ইব্রাহীম (আঃ)এ খঙেৰে সৈতে ছুৰীখন এডোখৰ শিলাখণ্ডৰ ওপৰত দলি মাৰি দিলে। ছুৰীৰ
আঘাতত শিলাখণ্ড দুছেও
হৈ গ'ল। দৃশ্য
প্রত্যক্ষ কৰি হজৰত ইব্রাহীম (আঃ) হতবাক হৈ পৰিল। ছুৰীৰ ধাৰে শিলাখণ্ড দুছেওকৈ
কাটিলে, অথচ তেজ- মঙহৰ মানুহৰ নোম
এডালো কাটিব নোৱাৰিলে! এইদৰে মনতে ভাবি কিংকৰ্ত্তব্যবিমূঢ় হৈ কিছুপৰ থিয় দি থাকি
পুনৰ তেওঁ ইছমাইলৰ ডিঙিত ছুৰী চলাবলৈ অগ্ৰসৰ হ’ল। তেতিয়া ইছমাইল (আঃ)এ ক’লে- দেউতা, আপোনাৰ হৃদয় হয়তো পুত্ৰ স্নেহত সিক্ত। তাৰ
বাবেই হয়তো আপুনি
দুৰ্বল হৈ পৰিছে আৰু মোক কোৰবানি দিবলৈ অসফল হৈছে। আপোনাৰ চকুযোৰ কাপোৰৰদ্বাৰা
বান্ধি লওঁক, যাতে মোৰ ওপৰত আপোনাৰ
দৃষ্টি নপৰে। ধাৰণা হৈছে,
চকুত কাপোৰ
বান্ধি ল'লে আপুনি আপোনৰ
ঈস্পিত কাৰ্যত সফল হ’ব পাৰিব।
ইছমাইল(আঃ)ৰ কথা শুনি
হজৰত ইব্রাহীম (আঃ)এ ভাবিলে, পুত্ৰৰ কথাই হয়তো ঠিক! মই সঁচাকৈয়ে হয়তো পুত্ৰ স্নেহৰ
কাৰণে ঠিকমতে ছুৰী
চলাবলৈ সক্ষম হোৱা নাই। নহ'লে ইমান
তীক্ষ্ণধাৰ ছুৰীৰে কিয় মই ইছমাইলৰ ডিঙিৰ নোম এডালো কাটিবলৈ সক্ষম হোৱা নাই! চাওঁ, ইছমাইলৰ পৰামৰ্শ
অনুসৰি চকুত কাপোৰ বান্ধি কিবা কৰিব পাৰো নেকি? এইদৰে মনে মনে সিদ্ধান্ত লৈ তেওঁ নিজৰ চকুযোৰ কাপোৰেৰে ভালদৰে
বান্ধি লৈ পুনৰ ইছমাইলৰ ডিঙিত ছুৰী চলাবলৈ অগ্ৰসৰ হ’ল।
এই অৱসৰত আল্লাহই হজৰত
জিব্রাইল(আঃ)ক নিৰ্দ্দেশ দিলে-‘যোৱা, ইছমাইলৰ পৰিৱৰ্ত্তে তাত দুম্বা এটা ৰাখাগৈ৷’ আল্লাহৰ
নিৰ্দ্দেশত হজৰত জিব্রাইল(আঃ)এ ইছমাইলক আঁতৰাই তেওঁৰ পৰিৱৰ্ত্তে তাত দুম্বা এটা ৰাখিলে।
হজৰত ইব্রাহীম (আঃ)এ ‘বিছমিল্লাহি’ বুলি ছুৰী চলালে আৰু লগে
লগে দুম্বা জবেহ হৈ গ'ল। কোৰবানি কবুল
হ’ল বুলি ভাবি হজৰত
ইব্রাহীম (আঃ)এ চকুৰ কাপোৰ খুলিলে। কিন্তু তেওঁ দৃশ্য দেখি অবাক
হ’ল। ইছমাইল নহয়, তেওঁৰ সন্মুখত
এটি জবেহকৃত দুম্বা ছট্ফটাই আছে আৰু ইছমাইল তেওঁৰ কাষত হাঁহিমুখে থিয় দি আছে। দৃশ্যটো
দেখি হজৰত ইব্রাহীম (আঃ)ৰ মনত ক্ষোভ উপজিল। কিয় তেওঁ বাৰে বাৰে ইছমাইলক কোৰবানি
দিবলৈ ব্যৰ্থ হৈছে! তেওঁৰ কি ভুল হৈছে? এইদৰে নিজকে প্রশ্ন কৰি তেওঁ মনৰ ক্ষোভত ক’লে-নাজানো, হে’ মোৰ আল্লাহ, কি অপৰাধত তুমি
মোৰ কোৰবানি কবুল কৰা নাই!
তেতিয়া অদৃশ্যৰপৰা শব্দ
ভাহি আহিল- ইব্রাহীম, তুমি দুখ নকৰিবা।
তুমি আল্লাহৰ মহা পৰীক্ষাত উত্তীৰ্ণ হৈছা। তোমাৰ কোৰবানি কবুল হৈছে। আচলতে
তোমাৰ সন্তানক কোৰবানি কৰাটো আল্লাহৰ অভিপ্রেত নাছিল, আল্লাহই মাথোন
তোমাক পৰীক্ষা কৰিহে চালে,
যে তুমি আল্লাহৰ
নিৰ্দ্দেশত তোমাৰ সৰ্বাধিক প্রিয় বস্তুক আল্লাহৰ নামত কোৰবানি কৰিব পাৰা, নে নাই। জানি
থোৱা, আল্লাহই
ধার্মিসকলক পৰীক্ষা কৰি থাকে। আজিৰপৰা তুমি তোমাৰ ত্যাগৰ পুৰস্কাৰ স্বৰূপ আল্লাহৰ খলীল
অর্থাৎ বন্ধুৰূপে ভূষিত হ’লা।
অদৃশ্যবাণী শ্ৰৱণ কৰি
হজৰত ইব্রাহীম(আঃ) আনন্দত উৎফুল্লিত হৈ ইছমাইল(আঃ)ক বুকুত সাৱটি ধৰি আল্লাহৰ ওচৰত
কৃতজ্ঞতা জ্ঞাপন কৰিলে। তাৰ পাছত ইছমাইলক লৈ আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি হজৰত
ইব্রাহীম (আঃ)এ হাজেৰা (ৰাজিঃ)ৰ আগত সকলো কথা বিৱৰি ক'লে। স্বামীৰ মুখত
ঘটনাৰ আনুপূর্বিক বিৱৰণ শুনি হাজেৰা (ৰাজিঃ))ও অভিভূত হৈ পৰিল। তেওঁ আল্লাহৰ অপাৰ কৰুণাত
প্ৰিয়পুত্ৰ ইছমাইলক অক্ষত অৱস্থাত উভতাই পাই আল্লাহৰ উদ্দেশ্যে কৃতজ্ঞতা জ্ঞাপন
কৰি পুত্ৰ ইছমাইলক বুকুত সাৱটি ধৰিলে।
সেইদিনাৰপৰা উক্ত ঘটনাৰ
স্মৰণত ইছলাম ধৰ্মাৱলম্বীলোকে পশু কোরবানিদ্বাৰা ঈদ উৎসৱ পালন কৰি আহিছে। আল্লাহই
কোৰআনত ঘোষণা কৰিছে- ‘তোমালোকৰ
নিমিত্তে (কোৰবানিৰ) উটবোৰক স্থিৰ কৰিছো আল্লাহৰ পবিত্ৰ চিহ্নস্বৰূপ; ইয়াৰ মাজত আছে
তোমালোকৰ নিমিত্তে মংগল, গতিকে সেইবোৰক
শাৰী শাৰীকৈ থিয় কৰোৱাৰ পাছত (কোৰবানি কৰাৰ আগত) আল্লাহৰ নাম স্মৰণ কৰিবা। উটবোৰ ইকাষে-সিকাষে
মাটিত পৰি মৰাৰ পাছত সেইবোৰৰ মঙহ নিজেও খাবা আৰু যিজনে প্রকাশ্যে নিজৰ অভাৱ প্ৰকাশ
নকৰে আৰু যিজনে প্ৰকাশ কৰে (মগনীয়া) দুয়ো শ্ৰেণীৰ মানুহক খাবলৈ দিবা; এইবাবেই এনেবিলাক
বস্তুক তোমালোকৰ বশৱৰ্ত্তী কৰিছো, যাতে তোমালোকে মোৰ শলাগ লোৱা। (ছুৰা আল হজ্জঃ ৩৭)
যিসকলৰ ওচৰত জাকাত ফৰজ, ফিতৰা ওৱাজিৱ সেইসকলৰ
ওপৰত কোৰবানি কৰাও ওৱাজিৱ। গৰু, ম’হ, উট, ছাগলী, ভেড়া, দুম্বা প্রভৃতি পশু
কোৰবানি কৰিব লাগে। কোৰবানিৰ পশু সুন্দৰ, সুস্থ আৰু স্বাস্থ্যবান হোৱাটো জৰুৰী। কণা, খোৰা, ৰোগগ্রস্ত, অন্ধ, অতি দুর্বল, অতি বৃদ্ধ পশু
কোৰবানি কৰাৰ কাৰণে উপযুক্ত নহয়। কোৰবানিৰ মঙহ তিনি ভাগ কৰি এভাগ দাতাই নিজৰ
কাৰণে ৰাখিব লাগে, এভাগ আত্মীয়-স্বজনক
বিলাই দিব লাগে আৰু এভাগ নিঃস্ব দুখীয়া-নিঃকিনক দান কৰিব লাগে। ইয়াৰ ব্যতিক্ৰম
কৰিলে কোৰবানিৰ উদ্দেশ্য নষ্ট হৈ যায়। কিন্তু পৰিয়ালত জনসংখ্যা বেছি থাকিলে
নাইবা আলহী আহিলে দাতাই কিছু বেছি ৰাখিব পাৰে। কোৰবানিকৃত পশুৰ ছাল বিক্ৰী কৰি পোৱা ধন দুখীয়া
নিঃকিনৰ মাজত বিলাই দিব লাগে।
কোৰবানি ধৰ্মীয় উপাসনাৰ
লগত জড়িত হ’লেও ইয়াৰ লগত
ত্যাগৰ আদৰ্শও জড়িত হৈ আছে।
প্ৰকাশ- ৪ নৱেম্ব,অগ্ৰদূত/২০১২
ছিয়া আৰু চুন্নী
ৰহস্য
যোৱা ২০১২ চনৰ ২৫
ডিচেম্বৰৰ নিশা বাগদাদ চহৰৰ উপকণ্ঠত এলানি বোমা বিস্ফোৰণ হয় আৰু উক্ত বিস্ফোৰণত
৯৭ জন লোক নিহত হোৱাৰ লগতে আন বহুতো লোক আহত হৈছে বুলি ইৰাকৰ চৰকাৰী পক্ষৰপৰা প্ৰকাশ কৰা
হৈছে। ইৰাক চৰকাৰৰ দুই মিত্ৰগোট ছিয়া আৰু চুন্নীৰ মাজত মতবিৰোধ চলি থকাৰ সময়ত এই
বিস্ফোৰণ সংঘটিত হোৱাত ছিয়া আৰু চুন্নীৰ বিৰোধৰ ফলতে এই বিস্ফোৰণ সংঘটিত হোৱা বুলি অনুমান
কৰা হৈছে। যোৱা ৬ নৱেম্বৰতো ছিয়া সম্প্ৰদায়ৰ লোকসকলে মহৰমৰ তাজিয়া লৈ
শোভাযাত্ৰা উলিওৱাৰ সময়ত আফগানিস্থানৰ কাবুল চহৰত এঘণ্টাৰ ভিতৰত
তিনিটাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু উক্ত বিস্ফোৰণত ৫৭ জন লোক নিহত হোৱাৰ লগতে
আন বহুতো লোক আহত হৈছিল। চুন্নী সম্প্ৰদায়ৰ মানুহে এই বিস্ফোৰণ সংঘটিত কৰা বুলি
অনুমান কৰা হৈছিল । ছিয়া আৰু চুন্নীৰ সংঘৰ্ষৰ এই ঘটনা এয়াই প্রথম নহয়, যুগ যুগ ধৰি চলি
আহিছে ছিয়া-চুন্নীৰ এই ংসঘৰ্ষ। ছিয়া-চুন্নীৰ সংঘৰ্ষৰ ফলতে ইৰাকৰ প্ৰভাৱশালী ৰাষ্ট্ৰপতি
ছাদ্দাম হুছেইনৰ পতন হৈছে বুলি ক'ব পাৰি। ছিয়া আৰু চুন্নী উভয় সম্প্ৰদায় ইছলাম ধৰ্মৰে
দুটা শাখা। একে ধৰ্মৰ অনুগামী এই দুই সম্প্ৰদায়ৰ মাজৰ এই সংঘৰ্ষৰ
আঁৰৰ ৰহস্য কি এই বিষয়ে মনত প্ৰশ্ন উদয় হোৱাটো তেনেই স্বাভাৱিক। এই প্ৰশ্নৰ
উত্তৰ পাবলৈ হ'লে আমি চৈধ্যশ
বছৰ আগলৈ গুচি যাব লাগিব।
ছয়শ শতিকাৰ আৰব সমাজখন
কুসংস্কাৰ, অন্ধবিশ্বাস আৰু
নানা ব্যাভিচাৰেৰে পৰিপূৰ্ণ আছিল। অবাধে মূর্তি পূজা চলিছিল আৰু কন্যা সন্তান উপজিলেই
হত্যা কৰা হৈছিল। সঘনে চুৰি-ডকাইতি সংঘটিত হৈছিল। দেশত আইন বুলিবলৈ কোনো বস্তু
নাছিল। ঠিক তেতিয়াই ৫৭০ খ্ৰীষ্টাব্দত(আৰবী ৰবিউল আওয়াল মাহৰ ১২
তাৰিখে) শান্তিৰ অগ্ৰদূত অনুপম অকৃত্ৰিম চৰিত্ৰৰ মাধুৰ্যৰে মহীয়ান বিশ্বনবী হজৰত মহম্মদ(ছাঃ)এ
শান্তিৰ বাৰ্তা লৈ পবিত্র মক্কা নগৰীত জন্ম গ্ৰহণ কৰিছিল। বিশ্ববাসী লৈ তেওঁ
আগবঢ়াইছিল শান্তিৰ বাণী,
নতুন সভ্যতা।
ক্ষণজন্মা মহাপুৰুষগৰাকীৰ
আৱিৰ্ভাৱত জ্ঞানৰ নতুন জ্যোতিৰ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল সমগ্ৰ বিশ্ব। এই গৰাকী
মহান মহাপুৰুষৰ ৬৩২ খ্ৰীষ্টাব্দৰ ৮ জুনত এন্তেকাল হয় আৰু তেওঁৰ এন্তেকালৰ আগমুহূৰ্তত এটি
ঘটনা সংঘটিত হৈছিল। সেই ঘটনাৰ গইনালৈয়ে তেওঁৰ মহাপ্ৰায়াণৰ
পাছত ছিয়া আৰু চুন্নী নামৰ দুটা সম্প্ৰদায়ৰ সৃষ্টি হয়।
মহানবী হজৰত মহম্মদ(ছাঃ)
মহাপ্রয়াণৰ আগত হজ্বব্রত পালন কৰিবলৈ পবিত্র মক্কা নগৰীলৈ গৈছিল। এয়াই মুছলিম
বিশ্বত বিদায়ী হজ্ব নামেৰে জনাজাত। এই হজ্বব্ৰত সমাপনৰ সময়ত তেওঁৰ
লগত সংগী আছিল প্রায় দুই লক্ষ অনুগামী। এই দুই লক্ষ অনুগামীৰ মাজত গোলাম-ভৃত্য, দাস-দাসী, ধনী-দুখীয়া, কবি-লেখককে আদি
কৰি বহুতো গণ্য-মান্য লোক উপস্থিত আছিল। সুকলমে পবিত্র হজব্রত সমাপন কৰি অনুগামীসকলক
লৈ তেওঁ মদিনা অভিমুখে যাত্ৰা আৰম্ভ কৰে। চাৰিদিনৰ যাত্ৰাৰ অন্তত তেওঁলোক গামীৰে
খোম নামৰ এডোখৰ ঠাইত উপস্থিত হয় আৰু তাতে নিশা যাপন কৰিবলৈ ছাউনী
পাতে। এই বিদায়ী হজ্বৰ সময়ত হজৰত মহম্মদ(ছাঃ)ৰ জোৱায়েক হজৰত আলী(কৰমুল্লাহ) নবী(ছাঃ)ৰ
লগত নাছিল। বিদায়ী হজ্বৰ পূৰ্বে হজৰত আলী(কমুল্লাহ) এদল সৈন্যৰে সৈতে ইয়েমেনলৈ
যুদ্ধ কৰিবলৈ গৈছিল। নবী(ছাঃ) গামীৰে খোমলৈ অহাৰ পাছত সংযোগবশতঃ হজৰত আলী(কমুল্লাহ)ও আহি
তাত উপস্থিত হয়। তেতিয়া হজৰত আলী(কৰমুল্লাহ)ৰ
নেতৃত্বত ইয়েমেনলৈ যোৱা বোৰায়দা নামৰ চাহাবা এজনে হজৰত আলীৰ বিৰুদ্ধে যিকোনা এটা
বিষয়ত অভিযোগ উত্থাপন কৰে। এই অভিযোগৰ প্ৰতিক্রিয়া হিচাপে নবী(ছাঃ)এ পাছদিনা ৰাতিপুৱা
বিশেষ ভাষণ প্রদান কৰে। ছহী বোখাৰী শ্বৰীফত উক্ত ভাষণৰ কথা এনেদৰে
উল্লেখ আছে-
আল্লাহ তায়ালাৰ প্ৰশংসাৰ
পাছত নবী(ছাঃ)এ তেওঁৰ ভাষণত কৈছিল-‘হে’লোকসকল, অতি সোনকালেই মোৰ প্ৰভুৰ দূতে মোক লৈ যোৱাৰ কাৰণে
উপস্থিত হ’ব। ময়ো উক্ত
আহ্বানত অতি সোনকালে সঁহাৰি দিম। মই অতি মহান দুটা বস্তু তোমালোকৰ কাৰণে এৰি থৈ গৈ আছো। প্রথম
বস্তুটো হ’ল আল্লাহৰ কিতাপ— যাৰ মাজত
হেদায়েত্ (সঠিক পথৰ সন্ধান) আৰু নুৰ(জ্যোতি) ৰৈ আছে৷ গতিকে তোমালোকে আল্লাহৰ কিতাপক
আঁকোৱালি থাকিবা ৷ দ্বিতীয়টো বস্তু হ’ল মোৰ পৰিজন। তেওঁলোকৰ সম্পর্কে তোমালোকক
আল্লাহৰ ভয় স্মৰণ কৰাই গৈ আছো। পবিত্ৰ কোৰআনক আঁকোৱালি থাকিলে
কেতিয়াও হতাশা আহিব নোৱাৰিব। মই তোমালোকক পুনৰ সাৱধান কৰি দিলো, জীৱনত কেতিয়াও
নাৰী জাতিক অত্যাচাৰ নকৰিবা। তেওঁলোক বেহেস্তৰ ফুল। জীৱনত সদায় পবিত্ৰ হৈ থাকিবা
আৰু শৰীৰ পৰিষ্কাৰ কৰি নিতৌ পাঁচবাৰ নমাজ আদায় কৰিবা।'.... ইয়াৰ পাছত
নবী(ছাঃ)ই ক'লে- ‘আল্লাহ মোৰ
প্ৰিয়, মই সকলো
মোমিন(বিশ্বাসী)ৰ প্ৰিয়।'
এইদৰে কোৱাৰ পাছত
নবী(ছাঃ)এ হজৰত আলী(কৰমুল্লাহ)ৰ হাতত ধৰি কৰি ক’লৈ- ‘মই যাৰ প্ৰিয়, আলীও তাৰ প্ৰিয়
হ'ব লাগিব। তুমি
প্রিয় হিচাপে গণ্য কৰা
সেইজন ব্যক্তিক—— যিজনে আলীক
প্রিয় হিচাপে গণ্য কৰে আৰু তুমি শত্ৰু গণ্য কৰা সেইজন ব্যক্তিক যিজনে আলীক শত্ৰু জ্ঞান কৰে
আৰু তুমি ভালপোৱা সেইজন ব্যক্তিক— যিজনে আলীক ভাল পায় আৰু সন্তুষ্ট থাকা সেইজন ব্যক্তিৰ
প্ৰতি যিজন আলীৰ প্ৰতি সন্তুষ্ট থাকে আৰু সাহায্য কৰিবা সেইজন ব্যক্তিক যিজনে
আলীক সাহায্য কৰে।
এই ভাষণৰ কিছুদিন পাছতে
নবী(ছাঃ)এ পেটত অসহ্য বিষ অনুভৱ কৰে। অৱশ্যে এই বিষক্রিয়া হঠাৎ আৰম্ভ হোৱা নাছিল।
এই বিষ নবী(ছাঃ)ৰ
দীৰ্ঘদিনৰ সংগী আছিল। এবাৰ এখন সভাত আহাৰ গ্ৰহণ কৰি থাকোঁতে এজন ইহুদীয়ে
নবী(ছাঃ)ৰ খাদ্যত বিষ ঢালি দিছিল। সেই বিষৰ যন্ত্ৰণাত নবী(ছাঃ)এ বহুদিন পেটৰ বিষত
ভুগিছিল। গামীৰে খোমত প্ৰদান কৰা ভাষণৰ কিছুদিন পাছতে সেই বিষ পুনৰ উক্ দি উঠে আৰু কিছুদিন
পাছতে আয়চা(ৰাজিঃ)ৰ কোলাত মূৰ থৈ ৬৩২ খ্ৰীষ্টাব্দৰ ৮ জুন(ৰবিউল আউয়াল মাহৰ বাৰ
তাৰিখ)ত নবী(ছাঃ)ৰ এন্তেকাল হয়।
নবী(ছাঃ)এ এন্তেকালৰ আগ
মুহূৰ্তলৈকে কোনো খলিফা মনোনীত কৰি যোৱা নাছিল। নবী(ছাঃ)ৰ এন্তেকালৰ পাছত
গণতান্ত্রিকভাবে খলিফা নির্বাচন কৰা হ’ব, নে নবী(ছাঃ)ৰ
তেজৰ লগত সম্পৰ্ক থকা ব্যক্তিয়ে আৰবৰ খলিফা পদৰ অধিকাৰী হ’ব এই বিষয়ে তেওঁ
কোনো সিদ্ধান্ত দি
যোৱা নাছিল। সেয়ে নবী(ছাঃ)ৰ এন্তেকালৰ পাছত গামীৰে খোমত হজৰত আলী(কৰমুল্লাহ) সম্বন্ধে
প্ৰদান কৰা ভাষণৰ ওপৰত ভিত্তি কৰি খলিফা পদক লৈ দুটা ফৈদৰ সৃষ্টি হয়।
এটা দলে গামীৰে খোমৰ ভাষণৰ গইনালৈ হজৰত আলী(কৰমুল্লাহক নবী(ছাঃ)ৰ স্থলাভিষিক্ত
কৰিব বিচাৰে আৰু আনটো দলে আবু বক্কৰ ছিদ্দিক(ৰাজিঃ)ক প্রথম খলিফা পদত স্থলাভিষিক্ত
কৰিব বিচাৰে।
উভয় সম্প্ৰদায়ৰ দাবী
যুক্তি নিৰ্ভৰ আছিল। আবুবক্কাৰ ছিদ্দিক(ৰাজিঃ)ক খলিফা পদত অভিষিক্ত কৰাৰ স্বপক্ষে
যুক্তি আছিল এনে ধৰণৰ- (ক) অন্তিম শয্যাত শায়িত অৱস্থাত নবী(ছাঃ) ইমামতী কৰাৰ বাবে অপাৰগ
হোৱাত তেওঁ আবুবক্কাৰ ছিদ্দিকক ইমামতী কৰাৰ কাৰণে নিৰ্দেশ দিছিল আৰু নবী(ছাঃ)এ শেষনিশ্বাস
ত্যাগ নকৰালৈকে আবুবক্কাৰ ছিদ্দিক(ৰাজিঃ)এ ২০ ওয়াক্ত নামাজৰ ইমামতি কৰিছিল। (খ) অষ্টম হিজৰীত
মক্কা বিজয়ৰ পাছত নৱম হিজৰীত নবী(ছাঃ) হজ্বব্রত পালনৰ বাবে মক্কালৈ যোৱা নাছিল।
তেতিয়া নবী(ছাঃ)এ উক্ত হজ্বৰ সময়ত আবুবক্কাৰ ছিদ্দিক(ৰাজিঃ)ক আমিৰুল
নিযুক্ত কৰি পঠাইছিল। (গ) নবী(ছাঃ)এ কাৰোবাক কোনো কথা বা আশ্বাস দিলে সেয়া বাস্তৱায়ন কৰাৰ
দায়িত্ব সদায় আবু বক্কাৰ ছিদ্দিক(ৰাজিঃ)ৰ ওপৰত ন্যস্ত কৰিছিল। (ঘ)খেলাফত
সম্পৰ্কত লোকসকলৰ দাবী বা প্রত্যাশা নিৰসনৰ কাৰণে নবী(ছাঃ)এ লিপি লেখি দিয়াৰ কাৰণে
আবু বক্কাৰ ছিদ্দিক(ৰাজিঃ) আৰু তেওঁৰ পুতেকক মাতি আনিবলৈ ইচ্ছা প্রকাশ কৰিছিল; কিন্তু সেই ইচ্ছা
এইদৰে কৈ স্থগিত ৰাখিছিল- আল্লাহ আৰু মুছলিম সমাজে আবু বক্কাৰ ব্যতীত বেলেগ
কাৰোবাক স্বীকাৰ নকৰিব। এইবোৰ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি নবী(ছাঃ)এ আবু
বক্কাৰ ছিদ্দিক(ৰাজিঃ) প্রথম খলিফা পদত অভিষিক্ত হোৱাৰ ইংগিত কৰিছিল বুলি ছুন্নীসকলে ধাৰণা
কৰিছিল আৰু আবু বক্কাৰ ছিদ্দিক(ৰাজিঃ)ক প্ৰথম খলিফা পদত অভিষিক্ত কৰাৰ বাবে দাবী
উত্থাপন কৰিছিল।
আনহাতে হজৰত
আলী(কমুল্লাহ)ক প্ৰথম খলিফা পদত অভিষিক্ত কৰাৰ স্বপক্ষে দাবী আছিল গামীৰে খোমত
প্ৰদান কৰা ভাষণ আৰু তলত উল্লেখ কৰা কাৰণসমূহ- হজৰত আলী(কৰমুল্লাহ) আৰু
ফাতিমা(ৰাজিঃ)ৰ মাজত মনোমালিন্য হ’লে নবী(ছাঃ)এ সেয়া মীমাংসা কৰি দিছিল আৰু বিবাদ
মীমংসা হৈ গ'লে খুবেই আনন্দিত
হৈছিল। এদিন হজৰত আলী (কমুল্লাহ) আৰু ফাতিমা (ৰাজিঃ)ৰ মাজত হোৱা এটি ক্ষুদ্র
পাৰিবাৰিক কলহৰ খবৰ পাই নবী(ছাঃ) হজৰত আলী(কমুল্লাহ)ৰ ঘৰলৈ গৈছিল। হজৰত
আলী(কমুল্লাহ)ৰ ঘৰলৈ যোৱাৰ সময়ত নবী(ছাঃ)ৰ চেহেৰাত বিৰক্তি আৰু মনোবেদনাৰ ছাপ
সুস্পষ্ট হৈ আছিল। কিন্তু কলহ মীমাংসা কৰি উভতি অহাৰ পাছত নবী(ছাঃ)ক উৎফুল্লিত দেখা
গৈছিল। তেতিয়া চাহাবাসকলে সুধিছিল-ইয়া ৰাছুলাল্লাহ, আপুনি যেতিয়া
হজৰত আলীৰ ঘৰলৈ গৈছিল, তেতিয়া আপোনাৰ চেহেৰা এক ধৰণৰ আছিল
আৰু এতিয়া আপুনি উৎফুল্লিত। ইয়াৰ কাৰণ কি? তেতিয়া নবী(ছাঃ)এ কৈছিল- মোৰ দুজন প্ৰিয় লোকৰ
কলহ মীমাংসা কৰি
আহিলোঁ। এবাৰ এজন তায়েবীয়ে আয়চা(ৰাজিঃ)ক সুধিছিল- নবী(ছাঃ)ৰ অধিক প্রিয় কোন? তেতিয়া
আয়চা(ৰাজিঃ)ই উত্তৰত কৈছিল- মহিলাসকলৰ মাজত ফাতিমা আৰু পুৰুষসকলৰ মাজত হজৰত আলী(কৰমুল্লাহ)।
উভয় দলৰে দাবী যুক্তি
নিৰ্ভৰ আছিল যদিও গৰিষ্ট সংখ্যক লোকৰ সমৰ্থনত অৱশেষত আবু বক্কৰ ছিদ্দিক(ৰাজিঃ)ক প্ৰথম
খলিফা পদত অভিষিক্ত কৰা হৈছিল।
আবু বক্কাৰ
ছিদ্দিক(ৰাজিঃ)ক যিসকলে বৈধ খলিফা বুলি স্বীকাৰ কৰিছিল তেওঁলোক ছুন্নী নামেৰে জনাজাত
হয় আৰু যিসকলে অবৈধ খলিফা হিচাপে ঘোষণা কৰিছিল তেওঁলোক ছিয়া
নামেৰে পৰিচিত হয়। অৱশ্যে পৰৱৰ্ত্তী পৰ্যায়ত হজৰত আলী(কমুল্লাহ)চতুর্থ খলিফা হিচাপে নির্বাচিত
হয় আৰু মোৱাবিয়াৰ চক্ৰান্তত আততায়ীৰ হাত নিহত হয়।
সম্প্রতি বিশ্বৰ প্ৰায়
শতকৰা ৮৫ৰপৰা ৯০ শতাংশ মুছলমান ছুন্নী সম্প্রদায়ভুক্ত আৰু বাকী অংশ ছিয়া
সম্প্রদায়ভুক্ত। দক্ষিণ-পূর্ব এছিয়া, চীন, দক্ষিণ এছিয়া, আফ্রিকাকে আদি কৰি সমগ্ৰ আৰব বিশ্ব চুন্নী
প্রধান। ইন্দোনেছিয়াত গৰিষ্ঠ সংখ্যক চুন্নী সম্প্ৰদায়ৰ লোক বাস কৰে। পাকিস্থান
দ্বিতীয় বৃহৎ চুন্নী প্রধান ৰাষ্ট্ৰ। ইৰাক, ইৰাণ, আজারবাইজান, বাহৰাইন, লেবানন আদি ছিয়াপ্রধান ৰাষ্ট্ৰ। উভয়
মতাৱলম্বীয়ে কোৰআনক পবিত্র গ্রন্থ হিচাপে বিশ্বাস কৰে; কিন্তু হাদীছ সম্পৰ্কে উভয় সম্প্ৰদায়ৰ মত
বেলেগ।
উভয় পক্ষৰ দাবী যুক্তি
নিৰ্ভৰ আছিল যদিও একে ধৰ্মমতত বিশ্বাসী দুটা সম্প্ৰদায়ৰ মাজত ৰক্তক্ষয়ী সংঘর্ষ
কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে। কাৰণ
ইছলাম কোনো পৰিস্থিতিতেই হিংসা সমর্থন নকৰে।
প্রকাশ-এদিনৰ সংবাদ-৫
জানুৱাৰী/2012
ইছলামিক ভাৰসাম্য
অৰ্থনীতিৰ মূলনীতি
ইছলামে কমিউনিজম আৰু
পুঁজিবাদী অৰ্থব্যৱস্থাৰ মধ্যৱৰ্ত্তী এক ভাৰসাম্য অৰ্থনৈতিক পৰিকল্পনাৰ ব্যৱস্থা
কৰিছে আৰু এই পৰিকল্পনাক সঠিক আৰু সুস্থভাবে বাস্তৱায়িত কৰাৰ কাৰণে
ভাৰসাম্য অৰ্থব্যৱস্থাৰ চাৰিটা মূলনীতি গ্ৰহণ কৰিছে- (১) স্বাধীন আৰু অবাধ
অৰ্থব্যৱস্থাক নিয়ন্ত্ৰণৰ কাৰণে কিছুমান আইনগত আৰু ব্যৱস্থাপনা সম্পর্কিত সীমা নিৰ্দ্ধাৰণ কৰণ।
(২) জাকাত ফজ(বাধ্যতামূলক) কৰণ। (৩) সুন্দ হাৰাম(নিষিদ্ধ) কৰণ। (৪) মিৰাসী আইন (অতিৰিক্ত
ধন-সম্পত্তি বণ্টন) কৰণ।
সাম্প্রতিক কালত অবাধ
পূঁজিবাদৰ বিপৰ্যয় আৰু কমিউনিজম আৰু ফেচিবাদৰ অভিশাপ যিসকলৰ সন্মুখত উদ্ঘাটিত
হৈছে সেই সকলেই উপৰোল্লিখিত মূলনীতি চাৰিটাৰ প্ৰথমটোত ইতিমধ্যে সমৰ্থন কৰিবলৈ আৰম্ভ
কৰিছে। অৱশ্যে ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত মানুহৰ মনত এতিয়াও কিছু
দ্বিধা আৰু সমস্যা ৰৈ আছে। অৱশ্যে এই দ্বিধা আৰু সমস্যাবোধ এটা সময়ত দূৰ হ’ব বুলি ইছলামিক
চিন্তাবিদ্সকলে আশা পোষণ কৰিছে।
দ্বিতীয় মূলনীতিৰ
গুৰুত্ব সাম্প্ৰতিক বিশ্ববাসীৰ সন্মুখত প্ৰায় উদ্ঘাটিত হৈছেই। কমিউনিজম, ফেচিবাদ আৰু
পুঁজিবাদী গণতন্ত্রই সামাজিক নিৰাপত্তাৰ যি বিৰাট আৰু ব্যাপক ব্যৱস্থা
অৱলম্বন কৰিছে, জাকাত সেইসমূহ
ব্যৱস্থাৰ তুলনাত বহু বেছি ব্যাপকায়তন ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম। কিন্তু
জাকাতৰ বিধান সম্পর্কে অজ্ঞাত থকাৰ ফলত মানুহৰ মনত জাকাত সম্পর্কে বহু জটিলতাৰ
সৃষ্টি হৈ আছে। আধুনিক ৰাষ্ট্ৰৰ অৰ্থব্যৱস্থাত জাকাতে কিভাবে সামঞ্জস্য সহকাৰে
অৰ্থব্যৱস্থাক স্থাপিত কৰিব পাৰে সেই সম্পৰ্কে উপযুক্ত আৰু বিস্তাৰিত আলোচনাৰ অভাৱ
অনা-ইছলামিকতো বাদেই, বহু ইছলামী
মানুহৰ মনতো জাকাত সম্পর্কে বর্তমানেও দুর্বোধ্যতা ৰৈ আছে। ফলত জাকাতে ভাৰসাম্য অৰ্থনীতিত যিদৰে
অৰিহণা আগবঢ়াব লাগিছিল সেইদৰে যেন আগবঢ়াব পৰা নাই। গতিকে জাকাত সম্পর্কে অধিক
বিজ্ঞানসন্মত আলোচনাৰ প্রয়োজনীয়তা উপলব্ধি কৰি ইছলামিক অর্থনীতিবিদ
ছৈয়দ আবু আ'লা মওদুদীয়ে
বিস্তাৰিত আলোচনা আগবঢ়াইছে।
ইছলামিক অর্থনৈতিক
পৰিকল্পনাৰ তৃতীয় মূলনীতি সুদ নিষিদ্ধকৰণৰ যৌক্তিকতা উপলব্ধি কৰাৰ ক্ষেত্ৰত
সাম্প্ৰতিক কালৰ মানুহে বিশেষ অসুবিধা বোধ কৰি আছে। বুর্জোৱা
অৰ্থনীতিবিদ্সকলৰ মনত বিগত শতাব্দীৰপৰা এই চিন্তা শিপাইছে যে, সুদক নিষিদ্ধ
কৰাটো এক মানসিক উচ্ছ্বাস আৰু সুদ ব্যতিৰেকে ঋণ প্ৰদান কৰাটো এক সৌজন্যমূলক সুবিধা
প্রদানহে মাথোন। তেওঁলোকৰ মতে, ইছলাম অযথা বাহাদুৰি দেখুৱাবলৈ গৈ এনেকুৱা সুবিধা প্ৰদানৰ
প্ৰতিশ্ৰুতি দিছে। এই নীতি বাস্তবায়িত কৰা কোনোপধ্যেই সম্ভৱ নহয়। তেওঁলোকৰ বিচাৰানুসাৰে
যৌক্তিকতাৰ দৃষ্টিত সুদ সম্পূৰ্ণ আপত্তিকৰ বিষয় হোৱাতো দূৰৰ কথা, কাৰ্যতঃ এয়া
অত্যন্ত উপকাৰী আৰু প্ৰয়োজনীয় বিষয়ো। অর্থনীতিবিদ্সকলৰ এই ভ্রান্ত মতাদৰ্শ
আৰু ইয়াৰ প্ৰৱল প্ৰচাৰ-প্ৰসাৰৰ প্ৰভাৱত আধুনিক পূঁজিবাদৰ সকলো দোষ-ত্রুটি সমালোচক চকুত ধৰা পৰে
যদিও সর্বাপেক্ষা প্রধান মৌলিক ত্রুটিপূর্ণ ব্যৱস্থা সুদৰ প্ৰতি কাৰো দৃষ্টি
আকৰ্ষিত নহয় ৷ এনেকি ৰাছিয়াৰ কমিউনিষ্টসকলেও আটাইতকৈ
ত্রুটিপূর্ণ এই নীতিক ব্ৰিটেইন, আমেৰিকাৰ দৰে লালন-পালন কৰি আছে। এয়াই মাথোন নহয়, যি মুছলমান সুদৰ
আটাইতকৈ ডাঙৰ শত্ৰু তেওঁলোকেও সম্প্রতি পশ্চিমীয়া দেশৰ ভ্ৰান্তিকৰ প্ৰতাৰণাৰ
প্ৰৰোচনাত সুদৰ প্ৰতি মাৰাত্মকভাবে প্ৰভাৱিত হৈছে। পৰাজিতমনা কিছুসংখ্যক
তথাকথিত ধাৰ্মিক লোকৰ মাজতো এই ভুল ধাৰণা বিস্তাৰ লাভ কৰিছে যে, সুদ তেতিয়াই
আপত্তিকৰ বিষয় হ’ব পাৰে, যেতিয়া সেয়া নিজৰ
ব্যক্তিগত ব্যয়ৰ উদ্দেশ্যে গ্ৰহণ কৰা হয়। শিল্প, ব্যৱসায়ত নিয়োগৰ উদ্দেশ্যে সুদ গ্ৰহণ কৰাটো
সম্পূৰ্ণ যুক্তিসংগত, যুক্তিভিত্তিক, সমীচীন। সেয়া
পবিত্ৰ আৰু অদোষণীয়। নৈতিকতা, জ্ঞান-বুদ্ধি আৰু অৰ্থব্যৱস্থাৰ মূলনীতিৰ বিচাৰত সুদ
আদান-প্রদানত কোনো দোষ থাকিব নোৱাৰে। ইয়াৰ উপৰিও কিছু আত্মসন্তুষ্টিৰ
বিষয়ো নিহিত হৈ আছে সুদ আদান-প্ৰদানৰ ক্ষেত্ৰত। যুক্তি প্ৰক্ষেপ কৰা হয় যে, প্রাচীন কালৰ বণিয়া, মহাজনসকলৰ সুদ খোৱা
আৰু আধুনিক কালৰ সুদভিত্তিক বেংকিং ব্যৱস্থা এক বস্তু নহয়। আৰু ভবা হয় যে, বেংকৰ কাৰবাৰ সম্পূৰ্ণ পবিত্ৰ
কাম। ইয়াৰ লগত সম্পর্ক স্থাপন কৰা যুক্তিসংগত কাম। কিন্তু ইছলামৰ দৃষ্টিত এয়া
সম্পূর্ণ ভ্রান্ত ধাৰণা।
নিজৰ প্ৰয়োজন পূৰণ, আল্লাহৰ ৰাস্তাত
ব্যয় আৰু জাকাত প্ৰদান কৰাৰ পাছত যি ধন-সম্পদ এক ঠাইত পুঞ্জীকৃত হয় তাক
বিক্ষিপ্ত বিস্তাৰিত কৰাৰ উদ্দেশ্যে ইছলাম পৃথিবীৰ অন্যান্য সকলো প্ৰকাৰ আইনৰপৰা
স্বতন্ত্রভাবে মিৰাসী আইন নামেৰে নিজস্ব এক পথ গ্রহণ কৰিছে। এই আইনৰ
লক্ষ্য হৈছে, পুঞ্জীকৃত
সম্পত্তি, তাৰ পৰিমাণ
যিমানেই কম নহওঁক কিয়, সেইবোৰ
খণ্ড-বিখণ্ডিত কৰি নিকট আৰু দূৰ সম্পৰ্কীয় আত্মীয়-স্বজনৰ মাজত সিঁচৰতি কৰি
দিয়া অর্থাৎ বণ্টন কৰি দিয়া। কাৰোবাৰ কোনো উত্তৰাধিকাৰী নাথাকিলে বা কোনো উত্তৰাধিকাৰীৰ
সন্ধান পোৱা নগ'লেও তোলনীয়া
সন্তান গ্ৰহণ কৰি সেই ধন-সম্পদ কেন্দ্রীভূত কৰি ৰখাৰ অধিকাৰ দিয়া নহ’ব আৰু তাৰ সম্পত্তি
বায়তুল(ৰাজহুৱা) সম্পত্তিৰ অন্তৰ্ভূক্ত কৰি দিয়া হ’ব, যাতে তাৰদ্বাৰা
সমগ্ৰ মানৱ জাতি উপকৃত হ’ব পাৰে। ইছলামত
যিদৰে মিৰাস বণ্টনৰ আইন আছে পৃথিবীৰ বেলেগ কোনো অৰ্থব্যৱস্থাত এই আইন নাই। ইছলামিক
অৰ্থব্যৱস্থাৰ বাহিৰে পৃথিবীৰ বেলেগ সকলো অৰ্থব্যৱস্থাৰ লক্ষ্য হ’ল এজন ব্যক্তি বা
কিছুসংখ্যক ব্যক্তিৰ মাজত সম্পত্তি সীমাৱদ্ধ কৰি ৰখা; কিন্তু ধন সম্পদক
এককেন্দ্ৰিক আৰু পুঞ্জীকৃত কৰি ৰখাটো ইছলামে সমৰ্থন নকৰে। ধন-সম্পদক বিক্ষিপ্ত কৰি
বহু মানুহৰ মাজত সিঁচৰতি কৰি দি ধন-সম্পদৰ আৱৰ্তন সহজতৰ কৰাই হ’ল ইছলামৰ লক্ষ্য। সম্প্ৰতি
ছোভিয়েত ৰাছিয়াত এই মিৰাসী আইন প্ৰৱৰ্তন হৈছে। পুঞ্জীকৃত ধন-সম্পত্তি সন্তান, স্ত্রী, স্বামী, পিতৃ-মাতৃ, ভাই-ভনী তোলনীয়া সন্তানক
উত্তৰাধিকাৰী কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন হৈছে। প্রত্যেক ব্যক্তিয়ে নিজৰ পুঞ্জীকৃত
ধন-সম্পদ অভাৱগ্ৰস্ত নিকটাত্মীয় আৰু সমাজ কল্যাণমূলক প্ৰতিষ্ঠানৰ নামত উইল কৰি
দিয়াৰ নিয়মো প্ৰচলিত হৈছে ৰাছিয়াত। এই ক্ষেত্ৰত আত্মীসকলৰ অধিকাৰ অগ্ৰগন্য।
ইয়াৰ মাজতে অপ্রাপ্ত
বয়স্ক সন্তান অথবা দুখীয়া উত্তৰাধিকাৰীক বঞ্চিত কৰাৰ উদ্দেশ্যে উইলকৰণ নিষিদ্ধ
কৰা হৈছে। ইছলামিক অৰ্থব্যৱস্থাৰ কাৰণে ৬২৫ খ্ৰীষ্টাব্দত ৰচিত আইন কমিউনিষ্ট
প্ৰগতিপন্থীসকলে প্ৰৱৰ্তন কৰি ইছলামিক অর্থনৈতিক ব্যৱস্থাৰ বলিষ্ঠতাকে প্রতিপন্ন
কৰিছে।
(লেখাটো যুগুত কৰোঁতে ইছলামিক অর্থনীতিবিদ
মাওলানা আবু আ'লা মওদুদীৰ লেখাৰ
সহায় লোৱা হৈছে।) প্রকাশ- অগ্রদূত-২০১০
পুঁজিবাদ, কমিউনিজম আৰু
ইছলাম
বিগত শতাব্দীৰ শ্ৰেষ্ঠ
ইছলামী চিন্তানায়ক ছৈয়দ আবু আ'লা মওদুদীয়ে পৃথিবীত প্ৰচলিত যাৱতীয় অর্থনৈতিক মতবাদ
সম্পর্কে সূক্ষ্ম, গভীৰ আৰু আধুনিক
মতবাদ আগবঢ়াইছে। সাম্প্রতিক কাললৈকে পৃথিবীত যিমানবোৰ অৰ্থনৈতিক ব্যৱস্থা প্ৰচলিত
হৈছে নীতিগতভাবে তেওঁ সেইবোৰক তিনিটা ভাগত বিভক্ত কৰিছে- (১) পুঁজিবাদী অৰ্থব্যৱস্থা। (২)
কমিউনিজম আৰু (৩) ইছলামৰ উপস্থাপিত অৰ্থব্যৱস্থা।
পুঁজিবাদী অর্থ ব্যৱস্থাঃ- পুঁজিবাদী
অর্থনৈতিক ব্যৱস্থাৰ মূল কথা হ’ল,
এই ব্যৱস্থাত
প্রত্যেক ব্যক্তিয়ে নিজৰ উপার্জিত ধন-সম্পদৰ গৰাকী ব্যক্তিজন
স্বয়ং। তেওঁৰ উপার্জিত ধন-সম্পদৰ ওপৰত আন কাৰো অধিকাৰ নাই। নিজৰ উপার্জিত
ধন-সম্পদ তেওঁ নিজৰ ইচ্ছা অনুসৰি সঞ্চয় আৰু ভোগ কৰিব পাৰে। উপার্জিত
ধন-সম্পদ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাহিৰে বেলেগ কোনো কামত ব্যৱহাৰ কৰাৰ কথা অস্বীকাৰ কৰাৰ
পূৰ্ণ স্বাধীনতাও আছে ধন-সম্পদৰ গৰাকীৰ। প্ৰতিগৰাকী ব্যক্তিৰ মাজত যি স্বভাৱজাত
স্বাৰ্থপৰতা আছে পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাই তাকে ৰক্ষণাবেক্ষণ দিয়ে। এই
ব্যৱস্থাৰ ফলত ধন-সম্পদ আৰু উৎপাদনৰ উপায়-উপাদান ক্রমশঃ সীমাৱদ্ধ হৈ পৰে আৰু
ভাগ্যবান অথবা সতৰ্ক মানৱগোষ্ঠীৰ মাজত ধন-সম্পদ সীমাৱদ্ধ হৈ সমাজত দুটা শ্ৰেণীৰ সৃষ্টি
কৰে। এটা হ’ল শোষক আৰু আৰু
আনটো হ’ল শোষিত। প্রথম
শ্রেণীটোৱে যাৱতীয় ধন-সম্পদ আৰু উপায়-উপাদানসমূহ কুক্ষিগত কৰি নিজৰ
সুখ-স্বাচ্ছন্দ্য আৰু সম্ভোগৰ কাৰণে ব্যৱহাৰ কৰে আৰু
ধন-সম্পদৰ পৰিমাণ অধিক বৃদ্ধি কৰাৰ কাৰণে সমাজ আৰু জাতিৰ বৃহত্তৰ স্বাৰ্থক
জলাঞ্জলি দিবলৈও কুণ্ঠাবোধ নকৰে । সহানুভূতি, সহৃদয়তা, মায়া-মমতা, পাৰস্পৰিক সহায়ৰ মনোভাব বিন্দুমাত্রও নাই
পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত।
কমিউনিষ্ট
অর্থনৈতিক ব্যৱস্থাঃ- পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ সম্পূৰ্ণ
বিপৰীত হ’ল কমিউনিষ্ট
অর্থনৈতিক ব্যৱস্থা। এই ব্যৱস্থাৰ মূল কথা হ’ল, এই ব্যৱস্থাত ধন-সম্পদৰ যাৱতীয় উপায়-উপাদান
সমাজৰ ব্যক্তিবৰ্গৰ মালিকাধীন। কোনো ব্যক্তিয়ে ব্যক্তিগতভাবে সেয়া দখল, নিজৰ ইচ্ছামতে
হস্তক্ষেপ আৰু ব্যক্তিগতভাবে সম্পদৰ লাভা-লাভ গ্ৰহণ কৰাৰ অধিকাৰ নাই। ব্যক্তিয়ে
জৰ সামগ্রিক স্বাৰ্থৰ বাবে কাম কৰিব আৰু সমাজে তেওঁৰ জীৱন যাত্ৰা আৰু নিৰ্বাহৰ
ব্যৱস্থা কৰিব। এই অর্থনৈতিক ব্যৱস্থাই মানুহক উদ্যমহীন কৰি তোলে৷ কাৰণ একমাত্ৰ অসাধাৰণ ব্যক্তিৰ
বাহিৰে মধ্যম শ্ৰেণীৰ মানুহে নিজৰ মন-মগজু আৰু হাত-ভৰিৰ সমগ্ৰ শক্তি প্রয়োগ কৰি
মাথোন সেই কামেই কৰিব পাৰে, য’ত ব্যক্তিৰ
স্বাৰ্থ নিহিত অথবা স্বাৰ্থৰ সম্ভাৱনা থাকে। যি কৰ্মত ব্যক্তিগত স্বাৰ্থৰ সম্ভাৱনা
মুঠেই নাথাকে আৰু কৰ্ম কৰা ব্যক্তিগৰাকীক জনাই দিয়া হয় যে, তেওঁ যিমানেই
উপার্জন নকৰক কিয়, তেওঁৰ জীৱন
নিৰ্বাহৰ বাবে যিখিনি প্রয়োজন তাৰ বাহিৰে তেওঁক এক কপর্দকো দিয়া নহ’ব, তেতিয়া ব্যক্তিৰ
কৰ্মপ্ৰেৰণা, কৰ্মশক্তি ভোতা
হৈ পৰে আৰু কৰ্মৰ প্ৰতি উদাসীনতা আহি পৰে। কমিউনিষ্ট অর্থনৈতিক ব্যৱস্থাই মানুহৰ মত, চিন্তা আৰু কৰ্মৰ
সকলো স্বাধীনতা হৰণ কৰে। ফলত অর্থনৈতিক কাৰ্যক্ৰমৰ প্ৰাণস্পন্দন নিস্তব্ধ আৰু
কৰ্মপ্ৰেৰণা নিঃশেষ হৈ যায়। ফলত মানুহৰ কৰ্মৰ প্ৰতি উদাসীনতা আহি
পৰে। কৰ্মৰ প্ৰতি উদাসীন হ’লে মানুহৰ কৰ্ম
দক্ষতাও হ্রাস পায়। কর্ম দক্ষতা হ্রাস পালে ৰাষ্ট্ৰৰ অৰ্থনীতিৰ
ওপৰত ইয়াৰ কুপ্ৰভাৱ পৰে।
ইছলামৰ উপস্থাপিত
অর্থনৈতিক ব্যৱস্থাঃ- ইছলামৰ উপস্থাপিত অর্থনৈতিক ব্যৱস্থাত
পুঁজিবাদী আৰু কমিউনিষ্ট অর্থনৈতিক ব্যৱস্থাৰ মধ্যৱৰ্ত্তী এক
সুস্থ আৰু সুবিচাৰপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাত প্রত্যেক ব্যক্তিকেই
ব্যক্তিগত আৰু স্বাভাৱিকভাবে অর্থোপার্জন আৰু ব্যয় কৰাৰ
অধিকাৰ প্ৰদান কৰিছে। ধন-সম্পদ বণ্টনৰ ভাৰসাম্যকো যথাযথভাবে ৰক্ষা কৰাৰ ব্যৱস্থা
কৰিছে ইছলামিক অর্থনৈতিক ব্যৱস্থাই। ইছলামিক অর্থনৈতিক ব্যৱস্থাই এফালে যেনেকৈ
ব্যক্তিগত মালিকানা আৰু নিজৰ উপার্জিত ধন-সম্পদত হস্তক্ষেপ কৰাৰ পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে, আনফালে তেনেকৈ
সেইসমূহ অধিকাৰৰ ফলত যাতে অসম আর্থিক অৱস্থাৰ সৃষ্টি নহয় তাৰ কাৰণে সেইসমূহ
অধিকাৰৰ ওপৰত অভ্যন্তৰীণ ফালৰপৰা কিছুমান বিধি-নিষেধ আৰোপ কৰিছে। এই বিধি-নিষেধে
ধন-সম্পদ কোনো এক ঠাইত পুঞ্জীকৃত আৰু স্থৱিৰ হোৱাত বাধা
প্ৰদান কৰে। ফলত ধন-সম্পদ প্রতিনিয়ত আৱৰ্তিত হৈ থাকে আৰু সমাজৰ প্ৰতিজন
ব্যক্তিয়ে তাৰ পৰা প্ৰয়োজনীয় অংশ পোৱাৰ সুযোগ পায়। এইসমূহ ব্যৱস্থাক সুস্থ ভাবে
কার্যকৰী কৰি ৰখাৰ কাৰণে ইছলামে সামগ্রিক অর্থনৈতিক ব্যৱস্থাক সম্পূর্ণ নতুন আৰু নৱতম ৰূপত গঢ়ি
তুলিছে। ৰীতি-নীতি আৰু কৰ্ম পদ্ধতিৰ ফালৰপৰা ইছলামী অর্থনৈতিক ব্যৱস্থাৰ
আভ্যন্তৰীণ ভাবধাৰা পুঁজিবাদ আৰু কমিউনিষ্ট অর্থনৈতিক ব্যৱস্থাৰপৰা সম্পূর্ণ
পৃথক আৰু স্বতন্ত্র।
ব্যক্তিগত স্বাৰ্থ আৰু
সমাজৰ সামগ্রিক স্বাৰ্থৰ ওপৰত ইছলামী অর্থনৈতিক মতাদর্শ প্রতিষ্ঠিত। ইছলামৰ
দৃষ্টিত অর্থনৈতিক জীৱনৰ লগত প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থ আৰু সকলো
মানুহৰ সামগ্রিক স্বার্থ গভীৰভাবে জড়িত। সেই কাৰণে ব্যক্তি আৰু সমাজৰ মাজত সংঘৰ্ষ
আৰু প্রতিদ্বন্দ্বিতা-প্রতিবন্ধকতাৰ
পৰিৱৰ্তে পূৰ্ণ সামঞ্জস্য আৰু সহযোগিতা থকা একান্ত প্রয়োজন। ব্যক্তিয়ে যদি সমাজৰ
স্বাৰ্থৰ বিপৰীতে কৰ্ম কৰাৰ চেষ্টা আৰু সাধনা কৰি জাতীয় ধন-সম্পদ
নিজৰ কুক্ষিগত কৰি লয় আৰু তেওঁৰ উপার্জিত অর্থ সঞ্চয় তথা ব্যয় কৰাৰ ক্ষেত্ৰত
নিজৰ ব্যক্তিগত
স্বার্থকেই মাথোন ভিত্তি হিচাপে গ্ৰহণ কৰে, তেনেহ'লে এই কাৰ্যৰ ফলত মাথোন সমাজ আৰু সমষ্টিৰে
ক্ষতি নহ’ব, শেষ পর্যন্ত সেই ক্ষতিয়ে
ব্যক্তিগৰাকীকো প্ৰভাৱিত কৰিব। অনুব্ধভাবে সমাজে যদি সামগ্রিক স্বাৰ্থ ৰক্ষাৰ
দোহাই দি সমাজৰ ব্যক্তিসকলৰ ব্যক্তিগত স্বাৰ্থক উপেক্ষা কৰে তেনেহ'লে ইয়াৰ ফলত
ব্যক্তিগৰাকী ভীষণ ক্ষতিৰ সন্মুখীন হ’বলৈ বাধ্য। অর্থাৎ ব্যক্তিৰ কল্যাণ হ'লেহে সমষ্টিৰ কল্যাণ হ’ব। গতিকে সমষ্টিৰ
কল্যাণৰ কাৰণে সমাজৰ অন্তৰ্গত ব্যক্তিসকলৰ অৱস্থা স্বতন্ত্ৰ আৰু স্বাচ্ছন্দ্যপূৰ্ণ
হোৱাটো অতি আৱশ্যক। সমাজৰ ব্যক্তিসকলৰ মাজত স্বাভাৱিকভাবে উপস্থিত
থকা স্বাৰ্থপৰতা, সহানুভূতি, সহৃদয়তা
সম্পূর্ণভাবে ৰক্ষিত হোৱাৰ ওপৰত ব্যক্তি আৰু সমষ্টি উভয়ৰ কল্যাণ নিৰ্ভৰ কৰে। ইছলামৰ
উপস্থাপিত অৰ্থনৈতিক ব্যৱস্থাত প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে কাম
কৰিব পাৰিব; কিন্তু সেই কামে
যেন বেলেগ মানুহৰ একবিন্দুও ক্ষতিসাধন নকৰে সেইফালে সদা সতর্ক থাকিব লাগিব। এজন
ব্যক্তিৰ পক্ষে যিমান অর্থোপার্জন সম্ভৱ সেয়া নির্বিঘ্নে কৰিব পাৰিব; কিন্তু তেওঁৰ
উপার্জিত অৰ্থৰ ওপৰত বেলেগ মানুহৰ অধিকাৰ ব্যক্তিগৰাকীয়ে স্বীকাৰ কৰিব লাগিব৷
প্ৰতিগৰাকী ব্যক্তিয়ে নীতিগতভাবে বেলেগ মানুহৰপৰা লাভ আদায় কৰিব পাৰিব আৰু সেই
ব্যক্তিগৰাকীয়ে তেওঁৰপৰা বেলেগক লাভ আদায় কৰাৰ সুযোগ দিব লাগিব। মুনাফাৰ বণ্টন
আৰু ধন-সম্পদৰ আৱৰ্তন কাৰ্যকৰী কৰি ৰখাৰ কাৰণে ব্যক্তিসকলৰ মাজত মাথোন কেইটামান নৈতিক
গুণ থাকিলেই নহ’ব, উপাৰ্জন আৰু
ব্যয়ক পূৰ্ণ সামঞ্জস্যৰ সৈতে সংগঠন, নিয়ন্ত্ৰণ আৰু ভাৰসাম্যযুক্ত কৰি ৰখাৰ কাৰণে সমাজৰ আইন-কানুনো
থাকিব লাগিব। সমাজৰ ক্ষতিকৰ পন্থা আৰু উপায়েৰে অৰ্থোপাৰ্জন কৰিবলৈ কাৰো অধিকাৰ
নাথাকিব আৰু ন্যায়সংগত উপায়ে যি সম্পদ উপার্জিত হ’ব সেয়া যেন কোনো
স্থানত কেন্দ্ৰীভূত হৈ নাথাকে তাৰো ব্যৱস্থা কৰিব লাগিব৷ এনেকি ব্যয় বণ্টনৰ
আৱৰ্তনৰ ক্ষেত্ৰতো অতি সুস্থ ব্যৱস্থাপনা থকাটো অতি জৰুৰী।
উপৰোক্ত মতাদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে
ইছলামী অর্থনৈতিক ব্যৱস্থাৰ ভেটি স্থাপন কৰা হৈছে। মুষ্টিমেয় কেইজনমান ব্যক্তিক
কোটি কোটি টকাৰ মালিক কৰি অৱশিষ্ট জনগনক অভুক্ত, অৰ্ধভুক্ত আৰু নিঃস্ব সৰ্বহাৰা হোৱাত বাধা
প্ৰদান কৰাই হ’ল, ইছলামী অর্থনৈতিক
ব্যৱস্থাৰ উদ্দেশ্য। মানুহৰ স্বাভাৱিক পার্থক্যক বলপূর্বকভাবে একে পৰ্যায়ৰ কৰি মানুহক
কোটিপতি হোৱাত বাধা প্ৰদান কৰাও ইছলামী অর্থনৈতিক ব্যৱস্থাৰ
উদ্দেশ্য নহয়। বৰঞ্চ পুঁজিবাদী আৰু কমিউনিষ্ট অর্থনৈতিক ব্যৱস্থাৰ মধ্যৱৰ্ত্তী
নীতি অৱলম্বন কৰাই হ’ল ইছলামী
অর্থনৈতিক ব্যৱস্থাৰ উদ্দেশ্য। এই ব্যৱস্থাই সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ ব্যক্তিগত
প্রয়োজন পূৰ্ণৰ ব্যৱস্থা কৰাৰ লগতে সমাজৰ সামগ্ৰিক দায়িত্ব পালন কৰাৰো
নিৰৱচ্ছিন্ন সুযোগ কৰি দিয়ে। সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে যদি সমাজৰ ব্যক্তি
সমষ্টিৰ ক্ষতি নকৰাকৈ নিজৰ স্বাভাৱিক সীমাৰ ভিতৰত থাকি আর্থোপার্জনৰ কাৰণে যত্নপৰ হয় আৰু
উপার্জিত ধন-সম্পদ ব্যয় কৰাৰ ক্ষেত্ৰত মিতব্যয়ী হয় আৰু পাৰস্পৰিক সাহায্যৰ নীতি অনুসৰণ কৰে, তেনেহ'লে সেইখন সমাজত
পুঁজিবাদী সমাজৰ দৰে কেতিয়াও অসাম্য আৰু আকাশলংঘী আর্থিক পার্থক্য সৃষ্টি নহয়। ইছলামৰ অৰ্থনৈতিক
ব্যৱস্থাই যিদৰে কোটিপতি হোৱাত বাধা প্রদান নকৰে, ঠিক সেইদৰে সমাজত কোনোবাই কোটিপতি হৈয়ো যাতে
লাখ লাখ মানুহৰ অনশন
আৰু অৰ্ধাৰ্শনৰ কাৰণো হ’ব নোৱাৰে তাৰ
প্ৰতি ইছলামৰ উপস্থাপিত অর্থনৈতিক ব্যৱস্থাই সদা সতর্ক দৃষ্টি ৰাখে। পক্ষান্তৰে এই
অর্থনৈতিক ব্যৱস্থাই সমাজৰ প্ৰতিগৰাকী ব্যক্তিকে আল্লাহৰ অজস্র নিয়ামতৰ অংশীদাৰ
হোৱাৰ সুযোগ প্রদান কৰে। লগতে ব্যক্তিৰ স্বাভাৱিক যোগ্যতা আৰু কাৰ্যক্ষমতা
অনুসৰি অৰ্থোপাৰ্জনৰ কৃত্ৰিম বাধা, প্রতিবন্ধকতা আৰোপ কৰা নীতিৰ সম্পূৰ্ণ বিপৰীত
ব্যৱস্থা হ’ল ইছলামৰ
অৰ্থনৈতিক ব্যৱস্থা। এই অর্থনৈতিক ব্যৱস্থা সুস্থভাবে কার্যকৰী কৰাৰ কাৰণে ইছলামত
ভাৰসাম্য অৰ্থব্যৱস্থাৰ চাৰিটা মূলনীতি অৱলম্বন কৰিছে। সেই মূলনীতি চাৰিটা হ’ল- (১) স্বাধীন
অবাধ অর্থব্যৱস্থা- কেইটামান আইনগত আৰু ব্যৱস্থাপনা সম্পর্কিত নিয়ন্ত্ৰণ আৰু সীমা নিৰ্দ্ধাৰণ
সহকাৰে। (২) জাকাত ফজ কৰণ (৩) সুদ হাৰাম (অবৈধ) কৰণ আৰু (৪) মিৰাসী আইন। এই চাৰিটা
মূলনীতিয়ে ইছলামী অৰ্থব্যৱস্থাক কার্যকৰী তথা ভাৰসাম্য কৰি ৰখাত সহায় কৰে।
(প্রকাশ, অগ্রদূত- ৬ মার্চ/২০১০)
ইছলামী আদৰ্শত কন্যা
সন্তানৰ গুৰুত্ব
ইছলাম পূর্ব যুগৰ অসভ্য
বৰ্বৰ আৰবসকলে কন্যা সন্তানক সৃষ্টিৰ অভিশাপ বুলি গণ্য কৰিছিল। কন্যা সন্তানৰ
প্ৰতি এনেকুৱা অত্যাচাৰ কৰিছিল যে, সেইবোৰ কথা চিন্তা কৰিলেও গাৰ নোম শিয়ঁৰি উঠে।
শিশু কন্যা সন্তান জন্ম হ’লে সেই সন্তানক
জীৱন্তে কবৰ দিয়া হৈছিল নাইবা পানীত উটুৱাই দিয়া হৈছিল। পাহাৰৰ
শিখৰৰপৰা পেলাই দিও হত্যা কৰিছিল। নাৰীৰ কোনো ধৰণৰ মৰ্যদা নাছিল। সিহঁতক ভোগৰ সামগ্ৰী হিচাপে
ব্যৱহাৰ কৰিছিল আৰু পশুৰ ন্যায় আচৰণ কৰিছিল। নানা অন্যায়, অত্যাচাৰ, ব্যভিচাৰৰ
অসহনীয় বোজাৰ চাপত নাৰীৰ অস্তিত্ব হোৱাৰ উপক্ৰম হৈছিল। ঠিক তেতিয়াই
মুক্তি তথা শান্তিৰ বাণী লৈ আৰবৰ আকাশত উদিত হৈছিল ইছলাম। ইছলামৰ আৱিৰ্ভাৱৰ লগে লগে মানৱ
সভ্যতাত নতুন দিগন্তৰ সূচনা হ’ল। কোৰআনৰ আলোক শিখা জ্বলাই ইছলামে মানুহৰ মনৰপৰা অজ্ঞানতাৰ
অন্ধকাৰ আঁতৰ কৰি নতুন জ্ঞানৰ সন্ধান দিলে। ভোগৰ সামগ্ৰী হিচাপে চিহ্নিত কৰা নাৰীক জীৱনৰ
নতুন অর্থ দিলে, নতুন আলোকেৰে
উদ্ভাসিত কৰি তুলিলে। যুগ-যুগান্তৰৰ দাসত্বৰ শৃংখলৰপৰা মুক্ত কৰি ইছলামে নাৰী জাতিক মনৱতাৰ
ৰাজ সিংহাসনত অধিষ্ঠিত কৰিলে। ইছলামে নাৰী জাতিক মাতৃ হিচাপে প্রতিষ্ঠা কৰি ঘোষণা কৰিলে
যে, মাতৃৰ পদতলত
সন্তানৰ বেহেস্ত। মাতৃৰ আনুগত্য মানে আল্লাহৰ আনুগত্য, মাতৃৰ অসন্মান মানে আল্লাহৰ অসন্মান।
হজৰত আদম(আঃ)ক গন্ধম খোৱাৰ
কাৰণে প্ৰৰোচিত কৰাৰ কাৰণে ইছলাম পূর্ব যুগত আবির্ভূত ধর্মসমূহে বিবি হাওয়া(আঃ)ক
আদি পাপীনি বুলি
আখ্যায়িত কৰিছিল। ইছলাম ইয়াৰ ঘোৰ বিৰোধিতা কৰিলে। ইছলামে ঘোষণা কৰিলে, মানুহ সৃষ্টিৰ
কাৰণে আল্লাহ পাকে আদম(আঃ)ক সৃষ্টি কৰিছিল। গতিকে গন্ধম খোৱাৰ
ঘটনাটো চয়তানৰ মাধ্যমত সংঘটিত হ'লেও মানৱ সৃষ্টিৰ কাৰণে ইয়াৰ প্ৰয়োজন আছিল। সেয়ে
ইছলাম নাৰী জাতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বাবে নির্দেশ দিয়াৰ লগতে প্ৰথম
কন্যা সন্তান জন্ম দিয়াৰ মাজতে মাতৃৰ সৌভাগ্য নিহিত থকাৰ কথা ঘোষণা কৰিলে। কন্যা
সন্তানৰ গুৰুত্ব সম্পর্কে বোখাৰী শ্বৰীফত উল্লেখ আছে, নবী (ছাঃ)এ কৈছে, যিজনে মাথোন দুজনী
ছোৱালী সুন্দভাবে ভৰণ-পোষণ আৰু প্ৰতিপালন কৰে আঙুলিসমূহ যিদৰে পৰস্পৰৰ উচৰা-ওচৰিকৈ
থাকে তেওঁ বেহেস্তত তেনেকৈ নবী(ছাঃ)ৰ ওচৰত থাকিব।
নবী(ছাঃ)এ আৰু কৈছে, যাৰ ওচৰত ছোৱালী
থাকে আৰু তেওঁ যদি ছোৱালীক তুচ্ছ-তাচ্ছিল্য নকৰে আৰু ল’ৰা সন্তানক কন্যা
সন্তানতকৈ অগ্ৰাধিকাৰ নিদিয়ে, আল্লাহই তেওঁক
বেহেস্ত দান কৰিব। নবী(ছাঃ)এ আৰু কৈছে, যিজন মানুহে তিনিজনী ছোৱালী অথবা তিনিজনী ভনী প্ৰতিপালন কৰে
আৰু সিহঁতক ইছলামী শিক্ষা দি সিহঁতৰ প্ৰতি মৰম স্নেহ প্ৰদৰ্শন কৰি আত্মনিৰ্ভৰ কৰি
বিয়া দি উলিয়াই দিয়ে, তেনেহ'লে সেই ব্যক্তিৰ
বাবে বেহেস্ত নিৰ্দ্ধাৰিত আছে। এই হাদীছ শুনি এজন ব্যক্তি থিয় দি ক'লে- ইয়া
ৰাছুলাল্লাহ, যদি দুজনী ছোৱালী
আৰু দুজনী ভনী লালন-পালন কৰে? তেতিয়া
নবী(ছাঃ)এ ক’লে, তেনেহ'লেও এই একেই
পুৰস্কাৰ পাব। মাথোন সেয়াই নহয়, বিয়া দি উলিয়াই দিয়া ছোৱালী যদি বিধৱা
অথবা তালাকপ্রাপ্তা হৈ পিতৃ-মাতৃৰ ওচৰলৈ উভতি আহে, তেনেহ'লে তাইক আশ্রয় দান আৰু প্ৰতিপালন কৰিলেও বহু পুণ্য লাভ হয়।
নবী(ছাঃ)এ আৰু ক’লে, মই তোমালোকক
সর্বশ্রেষ্ঠ দান সম্পর্কে অৱগত কৰিম নেকি? যদি তোমাৰ বিবাহিতা ছোৱালী তালাকপ্রাপ্তা
অথবা বিধৱা হৈ তোমাৰ ওচৰলৈ ঘূৰি আহে আৰু সেই অৱস্থাত তোমাৰ বাহিৰে তাইৰ আয়ৰ বেলেগ
কোনো ব্যৱস্থা নাথাকে, তেনেহ'লে তাইৰ
ভৰণ-পোষণৰ ব্যৱস্থা কৰিলে সৰ্বশ্ৰেষ্ঠ দানৰ পুণ্য লাভ হয়। ইছলামী ফেকাহ হাদীছত
উল্লেখ আছে যে, ছোৱালীৰ ভৰণ- পোষণ কৰা আৰু
উপযুক্ত পাত্ৰলৈ বিয়া দি উলিয়াই দিয়া পিতৃ-মাতৃৰ কাৰণে ফৰজ।
কিন্তু আজিৰ সভ্য সমাজত
বহুতে কন্যা সন্তান বাঞ্ছা নকৰে আৰু কন্যা সন্তান জন্ম হ’লে নিজৰ ভাগ্যক
দোষাৰোপ কৰে। এয়া ইছলামী শিক্ষাৰ একেবাৰে পৰিপন্থী কাম। কন্যা অথবা ল’ৰা যিয়েই নহওঁক
কিয়, আল্লাহৰ দান বুলি
আনন্দিত হোৱা উচিত। হাদীছত আছে- মানৱ সৃষ্টিৰ ক্ষেত্ৰত আল্লাহই যদি মানুহৰ আকাংক্ষা
অনুসৰি কাম কৰিলেহেঁতেন, তেনেহ'লে মানৱ জাতিৰ
কোনো অস্তিত্বই অৱশিষ্ট নাথাকিলহেঁতেন। মানৱ শূন্য হৈ পৰিলহেঁতেন সমগ্র বিশ্ব। কিয়নো
মানুহে মাথোন ল’ৰা সন্তানহে
কামনা কৰে, কন্যা সন্তান
কামনা কোনেও নকৰে। এই বিষয়ে ‘ইছলামৰ দৃষ্টিত
পৰ্দাৰ হুকুম’ৰ গ্ৰন্থ এটি
কাহিনী আছে। এবাৰ এজন মানুহে এগৰাকী পীৰৰ দৰবাৰলৈ গৈ খাদেম(সেৱক)ৰ মাধ্যমত পীৰ চাহাবৰ ওচৰত
প্ৰাৰ্থনা জনালে, হুজুৰে যেন মোৰ
কাৰণে পুত্র সন্তান লাভৰ কাৰণে দোৱা কৰে আৰু মোৰ যেন কন্যা সন্তান লাভ নহয়। কিন্তু বহুবাৰ অনুৰোধ
কৰা সত্ত্বেও খাদেমে এই কথা পীৰ চাহাবক নজনালে। এনেকি খাদেমে ভ্রূক্ষেপো নকৰিলে
কথাটোত। পীৰ চাহাবে কথাটো গম পাই এদিন খাদেমক সুধিলে, তুমি মানুহজনৰ
বক্তব্য মোৰ ওচৰত ব্যক্ত কৰা নাছিলা কিয়? খাদেমে উত্তৰত ক'লে- হুজুৰ মানুহজনে পৃথিবী ধ্বংসৰ দোৱা
খুজিছিল, গতিকেই মই আপোনাক
কথাটো জনোৱা নাছিলো। দোৱা খোজা মানুহজন তেতিয়া তাত উপস্থিত আছিল। মানুহজনে খাদেমৰ
কথাৰ বিৰোধিতা কৰি ক’লে- হুজুৰ, খাদেমে মিছা কথা
কৈছে। মই কেতিয়াও পৃথিবী ধ্বংসৰ দোৱা খোজা নাছিলো।
তেতিয়া খাদেমে ক’লে- কন্যা সন্তান
নোহোৱাৰ দোৱা মানইেতো পৃথিবী ধ্বংসৰ দোৱা। পীৰ চাহাব খাদেমৰ জ্ঞানৰ গভীৰতা দেখি আনন্দিত হ’ল আৰু মানুহজনক
আল্লাহৰ দানত সন্তুষ্ট থাকিবলৈ বুজাই পঠালে। ইছলামে এইদৰেই কন্যা সন্তানৰ প্ৰতি
গুৰুত্ব আৰু সন্মান প্ৰদৰ্শন কৰিছে।
কিন্তু সাম্প্ৰতিক কালত
নাৰী নির্যাতন এনে এক চৰম পৰ্যায়ত উপনীত হৈছে যে, ভাবিলেও আচৰিত যেন লাগে। এক প্রতিবেদন অনুসৰি আমাৰ দেশত ১৯৯৮
চনত ১৫,০৩৩ টা যৌন
নির্যাতনৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল। ১০০০ টা ভ্রূণ হত্যাৰ ঘটনা ঘটিছিল আৰু তাৰে ৯৯৫ টাই আছিল
কন্যা ভ্রূণ। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্রতিবেদনত প্ৰকাশ পাইছিল যে, বিশ্বত প্রতি ৪
মিনিটত এজনী নাৰী ধর্ষিতা হয়। ১৯৮৩ চনত আমাৰ দেশত যৌতুক সম্পৰ্কীয় ৪২৭ টা গোচৰ
পঞ্জীয়ন হোৱাৰ বিপৰীতে সেয়া বৃদ্ধি হৈ ১৯৯৮ চনত ৬,৯১৭ টা গোচৰ পঞ্জীয়ন হৈছিল। আমাৰ দেশত
সম্প্রতি প্রতি ৩০ মিনিটত এটা আৰু প্ৰতিদিনে ৯২ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হয় আৰু যৌতুকৰ
বাবে নির্যাতিতা হৈ প্রতিদিন ২১ জনী বোৱাৰীয়ে মৃত্যু বৰণ কৰে।
বিয়া অথবা চাকৰিৰ প্ৰলোভন দি ফুচুলাই নি প্রতিদিনে বহুসংখ্যক জীয়ৰী-বোৱাৰীক পতিতালয়ত বিক্ৰী
কৰা হয়। এইবোৰ কাৰণতে বহুতে নিৰাপত্তাহীনতাত ভোগী কন্যা সন্তান কামনা নকৰা হৈছে।
অর্থাৎ ৰোগৰ চিকিৎসা নকৰি ৰোগীক মাৰি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে।
ইছলামী আদৰ্শৰ শিক্ষা নথকাৰ বাবেই মানুহৰ মাজত এই নিকৃষ্ট মানসিকতাৰ সৃষ্টি হৈছে। ইছলামী আদৰ্শৰ
প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে এইবোৰ সমস্যা সমাধান কৰা নিশ্চয় সম্ভৱ হ’ব।
( দৈনিক অগ্রদূত- ৮ অক্টোবৰ/২০১০)
অন্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন