শাস্তি (অনুবাদ উপন্যাস)
শাস্তি (উপন্যাস)
মূল উড়িয়া-কাহ্নু চৰণ মহান্তি
অনুবাদকৰ দু-আষাৰ
মূল
উপন্যাসখন উৰিয়া ভাষাত ৰচিত আৰু ১৯৪৫ চনৰ মহালয়াত প্ৰকাশিত। উপন্যাসখনৰ লেখক কাহ্নু চৰণ মহান্তি এগৰাকী
লব্ধপ্ৰতিষ্ঠ কাহিনীকাৰ। ইতিমধ্যে উপন্যাসখনৰ চৈধ্যটা সংস্কৰণ প্ৰকাশ পাইছে। ইয়ে
উপন্যাসখনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ প্ৰমাণ দিয়ে। উপন্যাসখনৰ কাহিনীভাগ
খুবইে কৰুণ, সাৱলীল আৰু বাস্তৱধৰ্মী। কাহিনীভাগে পাঠকৰ
মনোৰঞ্জন কৰাৰ লগতে সংঘাতময় জীৱন বাটত বাট বুলাৰ কাৰণে বাটৰ সন্ধান আৰু প্ৰেৰণা
দিয়ে। উপন্যাসখনৰ কাহিনীভাগৰ প্ৰতি আকৃষ্ট হৈয়ে উপন্যাসখন অনুবাদ কৰিবলৈ লোৱা
হৈছিল; কিন্তু উড়িয়া ভাষাৰ জ্ঞান সীমিত হোৱাৰ কাৰণে মাজে মাজে উজুটি খাব
লগা হৈছে। সহৃদয় পাঠকসকলে মোৰ এই দৃষ্টতা মার্জনা কৰিব বুলি আশা থাকিল। উপন্যাসৰ
মূল কাহিনীভাগ যথাযথ ৰখাৰ কাৰণে যত্ন কৰা হৈছে। এই ক্ষেত্ৰত মই কিমানখিনি সফল
হৈছোঁ সেই বিচাৰৰ ভাৰ পাঠক সমাজৰ ওপৰত থাকিল। উপন্যাসখন পাঠকসমাজে আদৰি ল'লে
মোৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। -ইতি
অনুবাদ-আবুল হুছেইন
মোবাইল নম্বৰ-৯৮৫৪৩-৪৩৭৫৩
শাস্তি
ৰাতিপুৱা।
তেতিয়াও সূর্যোদয় হোৱা নাছিল। পুহমহীয়া হাড় কঁপোৱা শীত। তথাপি শনেই খোজ
কাঢ়িছে। ভৰিৰ তলত নিয়ঁৰ সিক্ত ঘাঁহ। ঘাঁহবোৰ ভৰিৰ তলুৱাত কাঁইটৰ দৰে বিন্ধিছে।
ভৰি কঁপিছে। হাতদুখন কঁপিছে! হাতত লৈ থকা লাঠিডালো কঁপিছে। পিন্ধি থকা কাপোৰকেইখনো
বৰফ দৰে ঠাণ্ডা হৈ পৰিছে আৰু ঝালৰৰ দৰে আঁঠুৰ ওপৰত ওলমি আছে। গাত জাপি লোৱা
কাপোৰখনৰ অৱস্থাও তথৈবচ। এফালে টানিলে শৰীৰ আনফালে ওলাই পৰে। তদুপৰি নিয়ঁৰ পৰি
চাদৰখন তিতি উঠিছে।
শনেই
খোজ কাঢ়িছে।
দেহত
তেজ-মঙহ নাই। হাড়কেইডাল ঢাকি ৰখা ছালো কুঞ্চিত হৈ পৰিছ। জ্যোতিহীন চকুযুৰি
কোঠৰাগত। মূৰৰ চুলিবোৰ বিশৃংখল ভাবে কপালৰ ওপৰত ওলমি আছে। খোজ কঢ়াৰ সময়ত আঁঠুৱে
আঁঠুৱে খুন্দা লাগিছে। মূৰটো বুকুৰ ওপৰত ওলমি পৰিছে। যিকোনো মুহূৰ্তত মূৰ্চ্ছা যাব
পাৰে। হাতৰ লাঠিডালো তাৰ কাৰণে বোজা স্বৰূপ হৈ পৰিছে। তথাপি সি পেলাই দিব পৰা নাই।
কাৰণ সেইডালেই তাৰ সহায়-সম্বল- দুৰ্দিনৰ বন্ধু- দেউতাকৰ স্মৃতি।
সৌৱা
সন্মুখত যিখন গাঁও দেখা গৈছে, সেয়া তাৰ ওপজা গাঁও। কিমান যে সুখী হ'ল সি গাঁৱখন দেখি! কংকালৰ মাজৰপৰা
হুমুনিয়াহ ওলাই আহিল। সেইখনেই তাৰ গাঁও। য’ত তাৰ পূৰ্বপুৰুষসকলে জন্ম লাভ কৰিছে, ঘৰ-সংসাৰ চম্ভালিছে,
আনন্দ-আহ্লাদেৰে ওমলি-জামলি শেষত শেষনিশ্বাস ত্যাগ কৰি মাটিৰ বিছনাত
নিশ্চিন্ত মনেৰে শুই আছে। সেইখন গাঁৱৰে শ্মশানত পূৰ্বপুৰুষসকলৰ অশৰীৰি আত্মা বতাহত
মিহলি হৈ আছে৷
শনেই
আনন্দিত হ'ল।
সি বীৰ। মৃত্যুৰ সৈতে যুঁজি যুঁজি আজিও সি হাৰ মনা নাই। ভয়ংকৰ দুৰ্ভিক্ষৰ মাজতো
সি নিজক বচাই নিজৰ গাঁওলৈকে উভতি আহিব পাৰিছে। জীৱন বচাবলৈ সি কি কৰা নাই! ভাবিলে আজিও
শৰীৰ শিয়ঁৰি উঠে। ভয়ার্ত দৃষ্টিৰে সি লাঠিডালৰ ফালে চাই পঠিয়ালে। যেতিয়া পেটৰ
ভাত মোকলোৱা টান হৈ পৰিছিল, সাজ-বাচন, মাটি-সম্পত্তি বিক্ৰী কৰি, বন্ধকত থৈয়ো যেতিয়া জীৱন বচোৱা টান
হৈ পৰিছিল, তেতিয়া
সি কি কৰা নাছিল!
গাঁৱৰ
মানুহবোৰ ভোকৰ তাড়নাত দিশে দিশে পলাবলৈ ধৰিলে। মাক-দেউতাক, সহোদৰ ভায়েক, দহ আৰু বাৰ বছৰীয়া ভনীয়েক কুনি আৰু
পুনিৰ লগত সিয়ো গাঁও এৰিলে। সৰহ দিন সিহঁতে একেলগে থাকিব নোৱাৰিলে। জীৱনৰ মায়া, নিজকে বচোৱাৰ বাসনাত মৰম-চেনেহ ভৰিৰে
ঠেলি পঠিয়ালে। পৰিয়ালৰ বন্ধন সেতু আপোনা-আপুনি শিথিল হৈ পৰিল। এদিন বেমাৰী
দেউতাকৰ মুখৰপৰা খাদ্য কাঢ়ি শনেয়াই নিজেই খাবলৈ আৰম্ভ কৰিলে। কৰুণ কাতৰ
দৃষ্টিৰে মাক-দেউতাক, ভায়েক-ভনীয়েককেইজন
তাৰ মুখৰ ফালে চাই আছিল। সিদিনা দেউতাকৰ কংকালসাৰ দেহ এই লাঠিডালেই ধৰি ৰাখিছিল।
দেউতাকৰ দুহাত মূৰৰ ওপৰলৈকে উঠি আহিছিল আৰু হাতৰ পৰা লাঠিডাল পৰি গৈছিল। লগে লগে
দেউতাকৰ কংকালসাৰ দেহ মাটিৰ ওপৰত ঢলি পৰিছিল।
সিদিনা
দেউতাকৰ কাৰণে কাৰোবাৰ চকুপানী ওলাইছিল নে নাই সেয়া শনেইৰ চোৱাৰ সময় নাছিল।
দেউতাকৰ হাতৰ লাঠিডাল লৈ শনেই গুচি আহিছিল৷ বৃদ্ধা মাক, কিশোৰী ভনীয়েক দুজনী দেউতাকৰ মৃত দেহৰ
কাষত বহি কৰুণ দৃষ্টিৰে তাৰ ফালে ভেবা লাগি চাই আছিল; কিন্তু শনেই উভতি চোৱা নাছিল৷
ভোকৰ
তাড়নাত ন্যায়-অন্যায়, পাপ-পূণ্য, ভাল-বেয়া সকলো জলাঞ্জলি দি নিজক
বচাবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈ সি নিজক বচালে। দেশৰ ইমূৰৰপৰা সিমূৰলৈ ভিক্ষা মাগি নিজ
গাঁৱৰ মাটিৰ মায়াত অৱশেষত সি পুনৰ গাঁওলৈ উভতি আহিছে। অন্নসত্ৰত খাইছে, সুখত থাকিব, খাবলৈ-পিবলৈ পাব বুলি বহুতে তাক বহু
ধৰণৰ আশাৰ বাণী শুনাইছে। কিন্তু কোনো আশ্বাসবাণীয়ে তাক বান্ধি ৰাখিবপৰা নাই।
গাঁৱৰ মাটিয়ে তাক মাতিছে, পুনৰ
সি গাঁৱলৈ উভতি আহিছে।
শ্মশানৰ
যিখিনিত লক্ষ লক্ষ কংকাল স্তুপীকৃত হৈ আছিল তাত সি থমকি ৰৈ গ'ল। দূৰৰ সেউজীয়া পথাৰে তাক আনন্দ
প্রদান কৰিব নোৱাৰিলে। সি শ্মশানৰ হাড়বোৰলৈ একেথৰে চাই ৰ'ল। মনত পৰিল মাকলৈ, মনত পৰিল ভনীয়েক দুজনীলৈ, মনত পৰিল পোন্ধৰ বছৰীয়া নুমলীয়া
ভায়েক মনিয়ালৈ। তাৰ চকুযুৰি তিতি উঠিল। ভাবিলে, জানোচা এই হাড়বোৰৰ মাজতে সিহঁতৰ হাড়বোৰো পৰি আছে। আস্!
কিন্তু
সিদিনাতো তাৰ মনত এই আস্ ভাবৰ উদয় হোৱা নাছিল! মানুহবোৰ যেতিয়া জীয়াই থকাৰ বাবে
ব্যাকুল, দেশৰ লক্ষ লক্ষ
নৰ-নাৰী যেতিয়া ভিক্ষা-পাত্ৰ হাতত লৈ মৃত্যুৰ বিৰুদ্ধে সংগ্ৰামৰত— তেতিয়া সি নিজে জীয়াই থকাৰ বাসনাত
বলিয়া হৈ গৈছিল। যিসকলে জীয়াই থাকিবলৈ আশাত বুকু বান্ধিছিল— সিহঁতৰ কিছুমানে আকৌ অনিচ্ছাসত্ত্বেও
মৃত্যুক সাৱটি ল'বলৈ
বাধ্য হৈছিল। মৃত্যুক সাৱটি লোৱা সকল এতিয়া নিশ্চিন্ত। যিসকল জীয়াই থাকিল, সিহঁতৰো এতিয়া জীয়াই থকাৰ স্পৃহা
নোহোৱা হৈ গৈছে। আত্মীয়-স্বজনৰ স্মৃতিয়ে সিহঁতক অস্থিৰ কৰি তুলিছে। কি সুখৰ আশাত
সি জীয়াই থাকিল? মানুহে
সুখ-স্বচ্ছন্দ দেখে বেলেগৰ চকুত—
আত্মীয়-স্বজনৰ হাঁহো হাঁহোকৈ থকা ওঁঠত।
সি
জীয়াই থাকিল কিয়?
শনেইৰ
কংকাল সদৃশ দেহৰ ভিতৰত যি হৃদয় নামৰ পদাৰ্থ আছিল, তাৰ মাজত বহুতো ভাবনাৰ ঢৌৱে ঢৌ খেলি গ'ল। মাক-ভায়েক-ভনীয়েকসকলক ত্যাগ কৰি কিহৰ আশাত, কি সুখৰ আশাত সি জীয়াই থাকিব? জন্মভূমিৰ দুৰ্বাৰ আকৰ্ষণত সি ঢাপলি
লৰি আহিল, সময়ত
সিহঁতো জানো তাৰ দৰে উভতি আহিব?
এইখনে
তাৰ ওপজা গাঁও।
পুৱাৰ
সূৰুযৰ সাত বৰণীয়া কিৰণে ওখ ওখ দেৱদাৰু গছ আৰু নাৰিকল পাতৰ ওপৰত পোহৰৰ মায়াজাল
বিস্তাৰ কৰিছে।
শনেই
লাহে লাহে তাৰ ওপজা গাঁৱৰ ফালে আগবাঢ়িবলৈ ধৰিলে। বাটৰ দুয়োকাষে সোণোৱালী ধানৰ
শোভা। কোনো কোনো খেতিত দাৱনি আহিবলৈ আৰম্ভ কৰিছে। খৰাং বতৰ আহিলে আটায়ে ধন দাৱলৈ
আৰম্ভ কৰিব। চিনাকি মানুহ কেইজনমানো তাৰ চকুত পৰিল। মনৰ আনন্দত উকি মাৰি সিহঁতক
তাৰ আগমনৰ বতৰা জনাই দিবলৈ মন গ'ল।
কিন্তু দুৰ্বল ওঁঠযোৰ সি লৰাব নোৱাৰিলে। ওঁঠযোৰ কঁপি কঁপি নিথৰ হৈ গ'ল।
শনেই
আগবাঢ়িল।
সি
গাঁৱৰ মাজভাগ পালেহি। আগতে বাটৰ দুয়োকাষে শাৰী শাৰী ঘৰ আছিল, ক’লৈ গ’ল
সেই ঘৰবোৰ ?
গাঁৱত
প্ৰৱেশৰ বাটত এয়া সেই আমগছজোপা,
ল'ৰালিত
এই গছজোপাৰ ডালে ডালে সি জঁপিয়াই ফুৰিছিল। এই গছজোপাৰ ছাঁত দৰা-কইনা খেল খেলিছিল
আৰু জোপোহানিৰ আঁৰলৈ খেলিছিল লুকা-ভাকু খেল। সকলোবোৰ একেদৰেই আছে। কোনো পৰিৱৰ্ত্তন
হোৱা নাই গছজোপাৰ। গছজোপা মৰা নাই— মৰা নাই তাৰ ডাল। গছজোপাৰ সিপ্ৰান্তত
থকা নিলাজী বনবোৰো আগৰ দৰেই আছে। এয়া বৰগছ জোপা, যাৰ তলত শিপাবোৰ ফেট তুলি ৰৈ আছে। ল'ৰালিৰে পৰা শনেই এই গছজোপা চিনি পায়৷
সকলোবোৰ
প্ৰায় একেদৰেই আছে। জীৱ-জন্তু,
গছ-লতা, জান-জুৰি, চৰাই-চিৰিকটি, বতাহ সকলো একেদৰে আছে— নাই মাথোন মানুহবোৰ। যিসকলে এই গাঁৱৰ
মাটিৰ বুকুত নাচি-বাগি ফুৰিছিল সেই মানুহবোৰ।
পৃথিবীখনতো
এনেকৈয়ে চলে।
গাঁও
আৰম্ভ হ'ল। গাঁৱৰ মাটিত
ভৰি থৈয়ে শনেই কেউফালে চকু ফুৰালে। বাটৰ দুয়োকাষে ঘৰ। সৰহ সংখ্যক ঘৰেই ভাঙি-চিঙি
উৱলি গৈছে। ঠায়ে ঠায়ে ভগা পঁজাবোৰ মেৰামত কৰা হৈছে। ঘৰৰ ভিতৰৰপৰা ওলাই অহা
মানুহবোৰক শনেই চিনি পায়; কিন্তু
তাক কোনেও চিনিব নোৱাৰিলে। কোনোৱে নামতিলেও।
কোনে
নো তাক মাতিব? দৈনিক
কিমান মানুহ এই গাঁৱৰ বাটত অহা-যোৱা কৰে। কিমান মানুহ এমুঠি ভাত আৰু ফেনৰ বাবে হাত
পাতি ৰৈ থাকে তাৰ ঠিকনা নাই। এইখন গাঁৱৰ বাটে বাটে কত মগনীয়া মৰি-জহি মাটিৰ লগত
মিহলি হৈ গৈছে, নহ'লে শিয়াল-কুকুৰৰ আহাৰ হৈছে। মানুহবোৰৰ
মনৰপৰা চেনেহ-মৰমৰ ভাব নোহোৱা হৈ গৈছে। কেওফালে মানুহবোৰৰ দুখ-দুৰ্দ্দশা দেখি দেখি
মানুহবোৰৰ হৃদয় শিলৰ দৰে কঠিন হৈ পৰিছে। যিকেইজন জীয়াই আছে সিহঁতৰ বুকু ফলা চিঞৰ
শুনি শুনি সিহঁতৰ হৃদয়তো দুখৰ কাঁইটে বিন্ধিব নোৱাৰা হৈছে।
আটায়ে
শনেইক দেখিও নেদেখাৰ ভাও জুৰিলে। বিছ বছৰীয়া শনেইক আজি সত্তৰ বছৰীয়া বৃদ্ধৰ দৰে
দেখা গৈছে। লোকৰ মনত হিংসা ওপজাবপৰা ৰূপ, বলিষ্ঠ হাত-ভৰি, ধুনীয়া
মুখমণ্ডল আজি শ্রীহীন কুন্ধচ। মেঘে আকাশ ছানি ধৰিলে ৰাতিপুৱাও সন্ধিয়াৰ দৰে
অনুমান হয়। শনেইৰো আজি সেই একেই অৱস্থা। ভৰি অলৰ হ'লেও শনেইৰ মন কিন্তু অলৰ হোৱা নাই। ভাগৰ লাগিলেও উশাহ খৰ হোৱা নাই।
তিনি বছৰ আগতে তাক যিয়ে দেখিছিল সিয়েই কৈছিল- বনেই পড়িৰাই ল'ৰা দুটা পাইছে ঠিক, শনেই আৰু মনিয়া। যেনে ৰূপ তেনে গুণ—দেহৰ শক্তিও তেনেকুৱা। ল'ৰা দুটা বুদ্ধিমান। মাত-কথা মিঠা।
লেখা-পঢ়া শিকিছে, ভাওয়াইয়া-লোকগীতো
গাব জানে বিধে বিধে। যিয়ে নহওঁক,
বনেই পড়িৰাৰ নাম ৰাখিব পাৰিব। এয়াই আছিল বনেই পড়িৰাৰ মনৰ আশা।
বনেই
পড়িৰাৰ দেউতাক কনেই পড়িৰাই মৃত্যুৰ সময়ত ভেটি-বাৰী আৰু পঁজা ঘৰটোৰ বাহিৰে বেলেগ
একো এৰি থৈ যোৱা নাছিল। ওৰেটো জীৱন লোকৰ ঘৰত গেৱাৰী খাটি পেট প্ৰৱৰ্ত্তাই গৈছে। সি
গৌৰৱেৰে কৈছিল- আজিহে কনেই পড়িৰা দুখীয়া, তাৰ কি নাছিল, সকলো
আছিল, সি খান-দানী
বংশৰ ল'ৰা। কনেই পড়িৰাৰ
ককাকৰ নাম শুনিলে গৰ্ভৱতী গাইৰো গৰ্ভপাত হৈছিল।
বনেই
পড়িৰা লোকৰ ঘৰে ঘৰে কাম কৰি, খুদকণ
খাই, সঞ্চয় কৰি
ভেটি-বাৰীৰ বাহিৰেও দহ বিঘা খেতিৰ মাটি কিনিছিল। চনিক সি ঘৰৰ গৃহিণী কৰি আনিছিল
আৰু তাৰ শিকনি-বুজনিত চনি ঘৰৰ লখিমী স্বৰূপা হৈ উঠিছিল। দুটা প্ৰাণীয়ে চাৰিহাল ল'ৰা-ছোৱালী লালন-পালন কৰাৰ বাহিৰেও
খোৱা-শোৱাৰ কথা পাহৰি মন-প্ৰাণ ঢালি কাম কৰিছিল। সিহঁত মাটিৰ মানুহ, মাটিয়ে আছিল সিহঁতৰ সুখ-আনন্দ, ভাল-বেয়া। মাটিৰ লগতে সিহঁতে খেলিছিল— আনন্দ-কৌতুক কৰিছিল। বোকা-পানী আছিল
সিহঁতৰ বাবে চন্দনৰ ফোঁট। দুহাল বলধ, দুজনী খীৰতী গাই। নিজৰ ল'ৰা-ছোৱালীতকৈও সেইবোৰ অধিক আপোন আছিল সিহঁতৰ মনত। গৰুকেইটায়ো সিহঁতৰ
মনৰ কথা বুজিব পাৰিছিল। কামৰ বাহিৰে সিহঁতহালে আন একো বুজি পোৱা নাছিল। লোকৰ
ভাল-বেয়াত কেতিয়াও মাত নামাতিছিল। সিহঁতৰ কোনো শত্ৰু নাছিল, আনৰ লগত বন্ধুত্ব কৰাৰো সিহঁতৰ সময়
নাছিল। ল'ৰা-ছোৱালী
চাৰিটা, গাই-বলধ, খেতিৰ ধান-মুগ আছিল সিহঁতৰ বন্ধু-
আপোনজন।
মানুহবোৰে
কৈছিল- বনেই পড়িৰাৰ মাটিত সোণ ওপজে। বাটৰুৱাসকলে বনেই পড়িৰাৰ খেতিৰ ধান দেখি
থমকি ৰৈ চাইছিল। আনন্দত নহয়, হিংসাত
হুমুনিয়াহ কাঢ়ি আগবাঢ়িছিল।পৰিচিতসকলে কৈছিল- হেৰা, খেতিত যেন সেইবোৰ ধান নহয়, বনেই পড়িৰা নিজেই যেন ফুলি আছে খেতিত। এইদৰে দেহৰ তেজ
পানী কৰি সিহঁতে সংসাৰ-সম্পত্তি কৰিছিল— আশাত বুকু বান্ধিছিল।
বনেই
পড়িৰাৰ আশা আছিল, সিহঁত
হাল-কোৰ মাৰি শেষ হৈ গ'লেও
সিহঁতৰ ল'ৰা-ছোৱালীকেইটা
মানুহ হ'ব পাৰিব। চাৰি
পুৰুষ আগৰ বংশ গৌৰৱ ঘূৰি আহিব,পড়িৰা
বংশৰ নাম-যশ হ'ব, মানুহবোৰে পড়িৰা বংশৰ নাম জানিব শুনিব, এয়াই আছিল বনেই পড়িৰাৰ মনৰ আশা।
কোনেনো
সৰল নিৰীহ কৃষকৰ বংশৰ খবৰ ৰাখে ?
উত্থান-পতন এই অনিত্য সংসাৰৰ নিত্য সংগী। প্রতি মুহূৰ্তত জোৱাৰৰ
পানীৰ দৰে ধন-সম্পদ, প্ৰতিপত্তি
আহে আৰু গুচি যায়। সেই দূৰ অতীতৰপৰা লানি নিছিগা ঢৌৰ দৰেই অহা-যোৱাৰ খেল চলি আছে
প্ৰতিনিয়ত। উদং মূৰে ৰ'দ-বৰষুণ কাতি কৰি থৈ যিজন মানুহে খেতিৰ
বন গুচাইছিল, বন
গুচাই থাকোঁতেই সাপৰ দংশনত যিজন মানুহৰ মৃত্যু হৈছিল, বনেই পড়িৰা তাৰেই নাতি৷ যাৰ নাম দহখন
গাঁৱৰ মানুহে জানিছিল- শুনিছিল। বনেই পড়িৰা তাৰেই নাতি। যাৰ ধন-মান-প্ৰতিপত্তি
আছিল অপৰিসীম, যাৰ
আদেশৰ বাবে পঁচিছখন গাঁৱৰ মানুহে হাতযোৰ কৰি অপেক্ষা কৰিছিল, যিজনে মেহফিলত নাচ চাই চাই মদৰ নিচাত
শেষ হৈ গৈছিল, যি
বংশৰ আদি পুৰুষ সাতপুৰুষ আগত ভিক্ষা-পাত্ৰলৈ এইখন গাঁৱলৈ আহিছিল, সেই বংশৰ সন্তান বনেই পড়িৰা।
আমাৰ
সৌৰ জগতখন তেনেই সৰু, তাতোকৈ
সৰু আমাৰ প্ৰিয় পৃথিবী আৰু তাতোকৈ সৰু আমাৰ অতিকৈ প্ৰিয় ভাৰতবৰ্ষ। ভাৰতৰ পূৰ্ব
প্ৰান্তত যি সৰু ভূ-খণ্ড সেয়া আমাৰ জন্মভূমি উৎকল। ইয়াৰ মাজতে আমাৰ এই অচিনাকি
জিলাখন ৷ তাৰ মাজতে বিন্দুৰ দৰে জিলিকি আছে বনেই পড়িৰাৰ গাওঁখন। ইয়াতে বনেই পড়িৰাই
পৰিশ্ৰম কৰিছিল বংশৰ কাৰণে— ডাঙৰ
মানুহ হোৱাৰ কাৰণে।
দুর্ভিক্ষ
আহিল, কোনে জানিছিল
দুৰ্ভিক্ষৰ সময়ত পুৰুষোত্তমৰ বংশধৰসকলে এমুঠি ভাতৰ কাৰণে ম'হ, মাখিৰ দৰে বাটে বাটে সিঁচৰতি হৈ পৰিব? বনেই পড়িৰাই ধনী হোৱাৰ আশাত, বংশ গৌৰৱ পুনৰোদ্ধাৰৰ আশাত সঞ্চিত ধান বিক্ৰী কৰি মাটি-বাৰী কিনিছিল, যেতিয়া দুর্ভিক্ষই গ্রাস কৰিলে,
তেতিয়া ভুল শোধৰোৱাৰ আৰু সময় নাছিল। ঘৰ-ভেটি, সম্পত্তি সকলো বিক্ৰী কৰি জীয়াই থকাৰ তাড়নাত দেশান্তৰী হ'ল যদিও সি জীয়াই থাকিব নোৱাৰিলে।
x x x
সিদিনা
চিন্তেই চুইৰ জীয়েক ধোবীৰ লগত শনেইৰ বিয়াৰ সম্বন্ধলৈ ঘটক আহিছিল। বনেই পড়িৰাই
অতি গোপনে কৈছিল- হেৰা পহৰাজ, আমি
দুখীয়া হ'লো
বুলি জাতি-গোত্র নোহোৱাৰ লগত বিয়াৰ সম্বন্ধ কৰিব নোৱাৰো নহয়; লোকৰ ঘৰত কাম কৰি, নিমখ-ভাত খাই কোনোমতে জীয়াই থাকিম, সেইবুলি বংশৰ মুখত চূণ-কালি সানিব
নোৱাৰিম, বুজিলা। চিন্তেই
চুইৰ ককাকে চুই ঘৰৰ সন্তান হৈ কি কৰা নাই! সি অচিন কাঠৰ থোৰা লগালে । মানুহে কয়-
চিন্তেই চুইৰ আইতাক নীচ বংশৰ ছোৱালী আছিল। তাইৰ দেউতাক হেনো তাঁতী আছিল। প্ৰথমা স্ত্রীৰ মৃত্যুৰ পাছত
তাঁতীৰ ছোৱালীক দ্বিতীয়বাৰ বিয়া কৰালে। সম্পত্তিতো বহুত কৰিলে, সেই বুলি তেজৰ দোষ যাব ক’লৈ, কোৱাচোন পহৰাজ? তাৰে
নাতি চিন্তেই আৰু চিন্তেইৰ জীয়েক ধোবী! ৰাম ৰাম, পহৰাজ! কনেই পড়িৰাৰ বংশত কলংক সানিব নোৱাৰিম।
পহৰাজে
নস্য টানি চকু পিৰিকিয়াই ক'লে-
ভাল ঘৰৰ লগত আজি-কালি কিমানে সম্বন্ধ পাতিবলৈ উপযাচি যায় আৰু তুমি হাতৰ গংগা
দূৰলৈ ঠেলিছা?
বনেই
পড়িৰাই কোনো ধৰণৰ উত্তৰ নিদিলে।
ধোবী
চিন্তেই চুইৰ চৈধ্য বছৰীয়া জীয়েক। পলাশৰ দৰে গাৰ বৰণ। কিমান যে ধুনীয়া তাই!
ছোৱালীজনীক দেখিলেই মৰম কৰিবলৈ মন যায়। স্বভাৱ ধীৰ-স্থিৰ, লেখা-পঢ়াও শিকিছে যথেষ্ট।
বনেই
পড়িৰাই মৌনতা ভংগ কৰি ক'লে-
তাইৰ শৰীৰত তাঁতীৰ তেজ বৈ আছে, পহৰাজ।
আনহাতে কে’বা
পুৰুষ ধৰি গঢ়ি উঠিছে বনেই পড়িৰাৰ পবিত্র বংশ, পবিত্র তেজ। সেই পবিত্ৰ তেজত জানি-শুনি বিহ মিহলাব নোৱাৰো নহয়৷
ৰূপেৰে
কি হ’ব? বোকা-মাটিৰ লগত যাৰ মিতিৰালি, গৰু-গোহালি লেপা-মোচা যাৰ কাম, ৰ'দ মূৰত লৈ যিজনে কাম কৰিব লাগিব, বৰষুণত তিতি ধান ৰুব লাগিব, তাই মাথোন ধুনীয়া হ'লেই
সংসাৰ চলিবনে ? জীয়েক
হ'ল গাধেই ৰাউতৰ, কঁই মাথোন এঘাৰ বছৰীয়া ছোৱালী হ'লে কি হ'ব, কামত
কিন্তু বৰ পাকৈত। তাইক অকামিলা হৈ কেতিয়াও বহি থকা দেখা নাযায়। একেবাৰে কৰ্ম
বলিয়া। ৰাউত দুখীয়া হ'লে
কি হ’ব! নিৰ্মল তেজ।
তাৰে জীয়েক কঁই। বনেই পড়িৰাৰ তাইকে বোৱাৰী কৰি অনাৰ ইচ্ছা। তাই হ’ব শনেইৰ ঘৰৰ লখিমী। তাইক ঘৰলৈ আনিলেহে
ঘৰৰ মৰ্যদা বাঢ়িব।
বনেই
পড়িৰাৰ গোত্ৰ ভৰদ্বাজ। তাঁতী বিনী কান্তি, নীলু চাহু, ৰাম
আচার্য, শ্যাম দলে, এই সকলৰ গোত্ৰ ভৰদ্বাজ। অনাদি কালৰপৰা
ভৰদ্বাজ বংশ চলি আহিছে। কিমান শাখা-প্রশাখা হৈছে তাৰ একো ঠিকনা নাই। বনেই পড়িৰা, বিনী কান্তি, নীলু চাহু, ৰাম আচার্য ভৰদ্বাজ তেজৰ সন্তান। একেই
তেজ অথচ ইমান শাখা-প্রশাখা! এতিয়া কোনেও কাকো চিনি নাপায়, চিনিলেও পৰিচয় দিব নিবিচাৰে।
সকলো
মানুহৰে তেজ একে। সেই তেজ বিভাজনৰ ফলতেই হৈছে জাতি, গোত্ৰ। এইবোৰ সকলো অর্থহীন নাম- মাথোন স্বাৰ্থপৰতা। জাতিৰ লগত গঢ়লৈ
উঠিছে সংস্কৃতি, সভ্যতা।
যাৰ জোখ ল’বলৈ-
খবৰ ল'বলৈ কোনো যন্ত্ৰ
নাই। আটায়ে নিজকে ডাঙৰ বুলি ভাবে। মই আচাৰ্য, মই সূর্য বংশীয়, মই
কুবেৰ পুত্ৰ, মই
যাদব বংশীয়।
বনেই
পড়িৰাই এইবোৰ বুজি নাপায়। আটায়ে মানুহ, আটায়েৰে দুখন হাত,
দুটা ভৰি আৰু দুযোৰ চকু। ইয়াৰ মাজত আকৌ সৰু-বৰৰ প্ৰশ্ন আহে কিয় ? শনেইও এইবোৰ বুজি নাপায়; কিন্তু অনুভব কৰিব পাৰে। যেতিয়া তাৰ
তৰুণ-তৰল চকুযুৰিৰে ধোবীক দেখে,
যেতিয়া ধোবীৰ ওঁঠত হাঁহিৰ ৰেখা দেখি তাৰ নোমবোৰ শিয়ৰি উঠে, তেতিয়া সি অনুভৱ কৰে, জাতিতো মাথোন দুটা— নাৰী আৰু পুৰুষ। এটাৰ বাহিৰে আনটো
অসম্পূর্ণ— অজাতি।
প্রকৃতিয়ে মাথোন বিচাৰে নৰ আৰু নাৰী। মানুহে গঢ়া জাতি, ধৰ্ম, দেশ-কাল-পাত্ৰৰ বিভাজনে প্ৰকৃতিৰ সৃষ্টিত বাধাৰোপ কৰিব নোৱাৰে৷
x x x
শনেইৰ
হৃদয়ে সিদিনা ধোবীক বিচাৰিছিল আৰু ধোবীৰ হৃদয়ে বিচাৰিছিল শনেইক। বনেই পড়িৰাৰ
কটূ কথা শুনি সিদিনা শনেইৰ হৃদয়ত আঘাত লাগিছিল; কিন্তু দেউতাকৰ কথাৰ ওপৰত মাত মাতিবলৈ সি সাহস গোটাব পৰা নাছিল।
বিয়াৰ কথা, জাতিৰ
কথা দেউতাকে যি ভাল বুলি বিবেচনা কৰিব সেয়াই হ’ব। সি মূৰ পাতি মানি ল'ব লাগিব। দেউতাকৰ কথাৰ বিৰুদ্ধে মাত মাতিবলৈ তাৰ অধিকাৰ নাই। তাৰ
ভাগ্যত কঁই আছে। কঁই হ'ব
তাৰ গৃহিণী। কঁই দুষ্ট— অশুৱনি।
শনেইৰ
হৃদয় চাটি-ফুটি কৰিছিল সিদিনা। এদিন ধোবীক অকলশৰে লগ পাই শনেয়ে কৈছিল- হেৰা ধোবী, দেউতাই অমত কৰাৰ কাৰণে পহৰাজ উভতি গ'ল।
তেতিয়া
ধোবীয়ে হাঁহি মাৰি কৈছিল- যোৱা,
কঁই ফুল বোটলাগৈ।
শনেই
ধোবীৰ হাতত ধৰিবলৈ হাত মেলোঁতেই ধোবী দৌৰি পলাই গৈছিল।
তাৰ
পাছৰপৰা সি যেতিয়া ধোবীক দেখিছে,
তেতিয়াই লক্ষ্য কৰিছে ধোবীৰ অতৃপ্ত চকুযুৰি, তাইৰ গোমোঠা মুখমণ্ডল, শুকান নীৰস ওঁঠ আৰু বিষণ্ণ চাৱনি।
যেতিয়া অনাকাংক্ষিত কঁইৰ মুখা-মুখি হৈছে, নিলাজী কঁইয়ে মূৰৰ ওপৰত কাপোৰ টানি লৈছে, হাতৰ কাঁচিটো মাটিৰ ওপৰত নমাই থৈ তাৰ
ফালে পিঠি দি বহি কেৰাহিকৈ চাই মিচিকিয়াই হাঁহিছে। শনেই সেই হাঁহি চাবলৈ কেতিয়াও
ৰৈ থকা নাই— এনেকি
তাইৰ ফালে এবাৰৰ কাৰণেও উভতি চোৱা নাই৷
পহৰাজৰ
মুখৰপৰা বনেই পড়িৰাৰ অসন্মতিৰ কথা শুনি চিন্তেই চুই নীৰৱে বহি থকা নাছিল। সি কৈছিল-
বনেই পড়িৰাৰ দেউতাক কনেই পড়িৰা এটা সময়ত সিহঁতৰ ঘৰত চাকৰ আছিল, সিহঁতৰ গৰু-ম'হ চৰাইছিল, আজিয়ে বনেই পড়িৰা ইমান বাহাদুৰ হ'লনে ? দেখাই যাওক, তাৰ
অহংকাৰ কিমান দিনলৈ থাকে।
পহৰাজে
হাঁহি হাঁহি কৈছিল- হেৰা বোপা, সংসাৰখন
আগৰ দৰেই চলি আছে। ইয়াকে কয়- কালৰো কাল, ভেড়াই চেলেকে বাঘৰ গাল।
x x x
পহৰাজৰ
কথাই ফলিয়ালে।
এটা
বছৰেই পাৰ নহ'ল, বনেই পড়িৰা পাঁচদিন অনাহাৰে থাকি ল'ৰা-ছোৱালীকেইটাৰ মুখত ভাত দিয়াৰ কাৰণে
সাজ-বাচন বন্ধকত থ'বলৈ
চিন্তেই চুইৰ দুৱাৰত আহি থিয় হ'বলৈ
বাধ্য হ'ল। চিন্তেই চুইৰ
ভঁৰালত ধান ঠাহ খাই আছিল। মানুহবোৰে লাঠি-যাঠি লৈ চিন্তেই চুইৰ ভঁৰাল পহৰা দিছিল।
বিশ্বাসী চাকৰ-বাকৰসকলে ৰাতি উজাগৰে থাকি পহৰাৰ কামত নিয়োজিত হৈছিল।
চিন্তেই
চুইৰ ঘৰৰ সন্মুখত বহুত মানুহৰ সমাগম হৈছিল। কাৰোবাৰ হাতত সোণ-ৰূপৰ অলংকাৰ, কাৰোবাৰ হাতত দলিল-দস্তাবেজ, কাৰোবাৰ হাতত সাজ-বাচন, বলধ-গৰু। এনেকি কোনোবাই কোনোবাই ল'ৰা-ছোৱালীবোৰকো বিক্ৰীৰ বাবে লৈ
আহিছিল। আটায়ে ভোকৰ তাড়নাত অস্থিৰ। সকলো যাওঁক, মাথোন জীউ থাকক— জীউ।
চিন্তেই
চুই কেৰাহিকৈও বনেই পড়িৰাৰ ফালে চোৱা নাছিল। পাঁচ সেৰ ধানৰ মূল্য এতোলা সোণ, দহ সেৰ ধানৰ মূল্য এবিঘা মাটি। তথাপিও
মানুহ চাইহে দিয়া-লোৱা। সাজ-বাচন,
গৰু-বলধৰ কথা কোনে চিন্তা কৰে! সময় যিদৰে আগবাঢ়িছে, বনেই পড়িৰা জানো মানুহৰ শাৰীত আছে?
বনেই পড়িৰাই সাজ-বাচন, গৰু-গাই বিক্ৰী কৰি কিছুদিন চলিল।
এতিয়া উপায় ? চিন্তেই
চুইয়ে এবিঘা মাটিৰ মূল্য তিনি সেৰ ধান বান্ধি দিলে। তথাপিও মানুহ চাই। কাৰণ তাৰো
এতিয়া ভঁৰাল প্ৰায় উদং।
বনেই
পড়িৰাই ল'ৰা-ছোৱালী
লৈ কিছুদিন শাক-কচু খাই কটালে। অৱশেষত ল'ৰা-ছোৱালীকেইটাৰ যন্ত্ৰণা কাতৰ মুখলৈ চাই সহ্য কৰিব নোৱাৰি
কাগজ-পাতিলৈ বনেই পড়িৰা চিন্তেই চুইৰ ঘৰলৈ আহিবলৈ বাধ্য হ’ল। যি মাটিত সি সোণ ওপজাইছিল তাৰে সাত
বিঘা মাটি বিক্ৰী কৰি ধানলৈ ঘৰলৈ উভতিল। ইতিমধ্যে গাঁৱৰ প্ৰায় অৰ্দ্ধেক মানুহ ভোক
নিবাৰণ কৰিবলৈ ঘৰ-বাৰী এৰি ভিক্ষাপাত্র হাততলৈ দিশে দিশে ঢাপলি মেলিছিল। কিছুমানে
আকৌ মান-সন্মান জলাঞ্জলি দি স্ত্রী-পুত্ৰ, গাভৰু জীয়েকক এৰি গাঁৱৰপৰা পলাই গৈছে। গাঁৱখন থানবান হৈ গৈছে।
চিন্তেই
চুইৰ ভঁৰালো উদং হোৱাৰ উপক্ৰম হ'ল।
ধানৰ পৰিৱৰ্ত্তে জমা হ’ল
সোণ-ৰূপ। গাঁৱৰ প্ৰায় অৰ্দ্ধেক মাটি নিজৰ হ'ল। চুইৱে ধান দিয়া বন্ধ কৰি দিলে। যিসকলে আশাত বুকু বান্ধি তাৰ ভৰিত
দীঘল দি পৰিল সিহঁতে শুনিলে- মোৰ আৰু দিবলৈ অধিক ধান নাই। যি অলপ-অচৰপ আছে, মোৰ ল'ৰা-ছোৱালী, আত্মীয়-স্বজন, চাকৰ-বাকৰৰে লাগিব।
এই
ধৰণৰ কথা বনেই পড়িৰায়ো শুনিলে। বাকী থকা তিনি বিঘা মাটিৰ পৰিৱৰ্ত্তে আৰু অলপ ধানৰ
কাৰণে চিন্তেই চুইৰ ওচৰত কাবৌ কাকুতি কৰিলে; কিন্তু চুইৰ মন টলাব নোৱাৰিলে। বনেই পড়িৰা হতাশ হৈ অশ্রু সজল নয়নে ক’লে- চাকৰ-বাকৰ তোমাৰতো বহুত আছে চুই, এই সৰু ছোৱালী কুনি আৰু পুনিক তুমি
ৰাখা। তোমাৰ গৰু-গোহালি সাৰি-মচি,
বাচন-বৰ্ত্তন মাজি,
পেলনীয়া ফেন খাই জীয়াই থাকিব। ইহঁত এতিয়া ক’লৈ যাব? শেষত অন্নসত্ৰলৈকে যাব লাগিব যেন পাইছোঁ।
চুইৱে
হাঁহি মাৰি ক'লে-
মোৰ আৰু শক্তি নাই পড়িৰা, কিমান
ডাঙৰ ডাঙৰ মানুহে অন্নসত্ৰত খাইছে,
তুমি, আমিতো
আঁঠুৱাৰ তলৰ ম’হহে।
চুইয়ে
দুৱাৰ বন্ধ কৰি দিলে। শনেই সিদিনা দেউতাকৰ লগত আছিল। বনেই পড়িৰা ঘৰলৈ ওভতাৰ সময়ত শনেৱে ক্ষণিকৰ
কাৰণে চৰাঘৰৰ ফালে ঘূৰি চাইছিল। চৰাঘৰৰ পিছফালে ধোবীৰ অশ্রুসজল চকু তাৰ চকুত
পৰিছিল। ধোবীৰ মুখমণ্ডল বেদনা কাতৰ,
দুচকুত বৈ আছিল লোতকৰ সোঁত।
x x x
গাঁও
এৰি যোৱাৰ আগতে ছোৱালী দুজনীৰ কিবা এটা ব্যৱস্থা কৰি যাব নোৱাৰিলে নহ'ব। পড়িৰাৰ নিজৰ বয়স হৈছে, পত্নীও বৃদ্ধা হ'ল। সিহঁতহাল মৰিলেও একো ক্ষয়-ক্ষতি
নহয়। শনেই আৰু মনিয়া ল'ৰা
সন্তান। সিহঁতহালে কিবা কৰি হ'লেও
জীয়াই থাকিব পাৰিব। ভিক্ষা মাগিব,
চুৰি-ডকাইতি নাইবা লোকৰ ঘৰত কাম কৰি হ'লেও জীয়াই থাকিব পাৰিব। কিন্তু ছোৱালী দুজনী— কুনি আৰু পুনি জীয়াই থাকিব কেনেকৈ ?
পড়িৰাই
নিজৰ অসহায় অৱস্থাৰ কথা জনাবলৈ বৰ আশাৰে গাধেই পড়িৰাৰ ঘৰলৈ গ'ল। লোৱা ৰাউত, মোৰ তিনি বিঘামান খেতিৰ মাটি আছে, তুমি লৈ লোৱা আৰু মোৰ ছোৱালী দুজনীক
তুমি আশ্ৰয় দিয়া। তোমাৰ কঁই যেনেকুৱা, পুনি-কুনিও তেনেকুৱা। মই জীয়াই থাকিলে উভতি আহিম আৰু মৰি গ'লে ছোৱালী দুজনীৰ কিবা এটা ব্যৱস্থা
তুমিয়ে কৰিবা।
পড়িৰাৰ
মনৰ কথা কোৱা নহ'ল।
সি যেতিয়া ৰাউতৰ ঘৰ পালেহি, ৰাউত
তেতিয়া মূৰত হাত দি তলমুৰ হৈ বহি আছিল। বিষণ্ণ বদন, কান্দো কান্দো মুখমণ্ডল। পড়িৰাক দেখি ৰাউতে কান্দি কান্দি ক’লে- মোৰ সংসাৰ ৰসাতলে গ’ল পড়িৰা। কঁইক এতিয়া কথাটো কেনেকৈ বুজাম।
গাধেই
ৰাউতৰ পৰিয়ালত মুঠেই তিনিটা প্ৰাণী। স্বামী-স্ত্ৰী আৰু যমে আসৈ দিয়া কঁই। ছটা ল'ৰা-ছোৱালীৰ মাজত একমাত্ৰ কঁইয়ে জীয়াই
আছে। বাকী পাঁচটা কেতিয়াবাই যমৰ আলহী হৈছে। যি অলপ-অচৰপ খেতিৰ মাটি আছে তাৰ
ফচলেৰেই সিহঁত কোনোমতে চলি আছিল। একে লেঠাৰিয়ে দুবছৰ ফচল নষ্ট হোৱাত এতিয়া সংসাৰ
অচল হৈ পৰিছে। গাই-গৰু কেইটা হাইজাত মৰিছে। তাৰবাবে ৰাউতৰ বৰ মনোকষ্ট। ৰাউতানীয়ে
গলত চিপজৰীলৈ আত্মহত্যা কৰিছে।
পড়িৰাই
ৰাউতক নানা কথাৰে সান্ত্বনা দিলে। কিন্তু নিজৰ দুখৰ কথা এবাৰৰ কাৰণেও উলিয়াব
নোৱাৰিলে। কঁইৰ মূৰত হাত বুলাই সান্ত্বনা দিলে- নেকান্দিবা মাজনী, যোৱাজন জানো পুনৰ ঘূৰি আহিব? শনেইৰ মাকৰ ফালে ইংগিত কৰি ক'লে- এওৱেই এতিয়া তোমাৰ মা।
ৰাউতৰ
ঘৰৰপৰা বনেই পড়িৰা আৰু ঘৰলৈ উভতি নাহিল। লক্ষ লক্ষ ভোকাতুৰ নৰ-নাৰী যি বাটেৰে খোজ
লৈছিল ল'ৰা-ছোৱালীকেইটালৈ
পড়িৰাও সেই বাটেৰে অজান ঠাইলৈ যাত্ৰা আৰম্ভ কৰিলে।
বনেই
পড়িৰাৰ ভাগ্যত আছিল অচিনাকি গাঁৱৰ পৰিত্যক্ত শ্মশান৷ ল'ৰা-ছোৱালীকেইটাৰ কোন ক'ত থাকিল? মাথোন হাড়কেইডাললৈ শনেই উভতি আহিছে। গাঁৱৰ মানুহৰ ঈৰ্ষা, ধোবীৰ গোমোঠা মুখ, ভনীয়েক পুনিৰ চকুপানী, কঁইৰ নিৰ্বোধ আগ্ৰহ আৰু তাৰ মাক মৰাৰ
দুখ, সকলো শনেইৰ নিজৰ।
এইবোৰে তাৰ মনৰ মাজত দুখৰ ঢৌ তুলিছে। স্নেহময়ী মাৰ কোলাই তাক মাতিছে, মাতিছে ভায়েক-ভনীয়েককেইটাৰ শেঁতা
শুকান মুখবোৰে। সিহঁতো জানো সময়ত তাৰ দৰেই উভতি আহিব?
কিন্তু
গাঁৱৰ হতচিৰি অৱস্থা দেখি সি হতাশ হৈ পৰিল। চাৰি বছৰ আগত য'ত ধনে-জনে, গো-লখিমীয়ে বিৰাজ কৰিছিল, ভৰপূৰ গালৰ হাঁহিয়ে য’ত লহৰ তুলিছিল সেই গাঁৱখন আজি তাৰ মনত
শ্মশানৰ দৰে উপলব্ধি হ'বলৈ
ধৰিলে। পৰিচিত মানুহবোৰ কংকাল সদৃশ। আটাইৰে মঙহহীন গাল, বিষাদাচ্ছন্ন মুখমণ্ডল, উদাস ভাব।
ৰ'দ উঠিল। শনেই গাঁৱৰ ভিতৰত সোমাই পৰিল।
কদম গছৰ তলত গোপীনাথ মহাপ্ৰভুৰ মন্দিৰ। মন্দিৰৰ সন্মুখত চন্দ্ৰাতপ। চন্দ্ৰাতপৰ
কাষত গোপী সাগৰ— ডাঙৰ
পুখুৰী। মন্দিৰৰ কাষৰ বটগছজোপা বহুত ওখ হ'ল। শিপাবোৰ তললৈ বৈ পৰিছে। মন্দিৰৰ ওপৰত যি আধা ইঞ্চি পৰিমাণৰ ফাট মেলিছিল সেয়া
এতিয়া প্ৰায় দুই ইঞ্চি পৰিমাণৰ হৈছেহি।
শনেইৰ
ভাগৰ লাগিল। কিছুমান মানুহে পুখুৰীৰ পাৰত থকা শিলচটাত বহি ৰ'দ পুৱাবলৈ ধৰিলে। শনেই সিহঁতৰ কাষতে
বহিল।
বিশি
জেনাই নাক কোঁচাই ক'লে-
এই গুচ্ ইয়াৰপৰা। ক'ৰপৰানো
এই মগনীয়াবোৰ আহি ওলালহি!
শনেই
আঁতৰি বহিল। সন্মুখত বহিছে বিশি জেনা, তাৰ সিফালে বহিছে বাঘ ওঁজা, পৰি দলেই। আটায়ে তাৰ চিনাকি; কিন্তু তাক কোনেও চিনিব নোৱাৰিলে।
বিশি
জেনাক শনেইয়ে আতা বুলি মাতিছিল। সেয়ে বিশি জেনাক আতা সম্বোধন কৰি সি উপযাচিয়ে তাৰ পৰিচয় দিলে- বিশি আতা, মোক চিনিব পাৰিছানে? মই শনেই।
x x x
শনেইৰ
মোহ ভংগ হ'ল।
ওপজা গাঁৱৰ আকৰ্ষণ নোহোৱা হ'ল।
ওপজা গাঁৱৰ মাটিয়ে তাক মাতিছিল আৰু সি বন-জংঘল, পাহাৰ, নদ-নদী
পাৰ হৈ ভোক-পিয়াহ পাহৰি নানা দুখ-কষ্ট আওকাণ কৰি পুনৰ ওপজা গাঁওলৈ উভতি আহিছে। সেই ওপজা মাটিয়ে
তাক গ্ৰহণ কৰিবলৈ সন্মত নহয়। সি বাটে-ঘাটে খাইছে, তাৰ দেহৰ সৌষ্ঠৱ নোহোৱা হৈছে, তাৰ আত্মা অপবিত্ৰ হৈছে। সেয়ে সি আজি
পতিত। জাতিয়ে তাক গ্ৰহণ নকৰিব। সমাজত তাৰ স্থান নাই।
সিদিনাই
সন্ধিয়া গোপীনাথ মন্দিৰৰ ওচৰত গাঁৱৰ মানুহবিলাক গোট খালে। মন্দিৰৰ বাৰাণ্ডাত
বহিছে চিন্তেই চুই, ৰাম
পহৰাজ, বিশি জেনা, হৰি মহান্তি। মন্দিৰৰ চোতালত বহিছে বাঘ
ওঁজা, পৰি দলেই, ভগি
চাহু এইদৰে আৰু বহু মানুহ। সৰু ল'ৰা-ছোৱালী
কিছুমানো বহিছে সিহঁতৰ লগত। গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে আঁতৰৰপৰা চাই আছিল সিহঁতক।
শনেই পড়িৰা হাতযোৰ কৰি সকলোৰে মাজত বহি আছিল। আজি তাৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব, দোষৰ বিচাৰ হ'ব।
তাৰ
দোষ কি ? তাৰ পাপ কি ?
সি
ভোকৰ তাড়নাত অস্থিৰ হৈ গাঁও এৰি গৈছিল। অন্নসত্ৰত খাইছে— জাত-পাত নোহোৱা মানুহৰ লগত একেলগে বহি
খাইছে। মুচি, মেতৰ,
মুছলমানকে আদি কৰি কিমান মানুহৰ ঘৰত যে সি ভিক্ষা মাগি খাইছে। জীৱন বচাবলৈ শিয়াল, কুকুৰৰ মঙহ সিজাই খাইছে। দেউতাকৰ মৃত্যু
হৈছে, এতিয়ালৈকে
শুদ্ধি হোৱা নাই। মাক, ভায়েক-ভনীয়েকবোৰ
ক'ত আছে, সি নাজানে। হয়তো বিধৰ্মী, অজাতিৰ ঘৰত আশ্ৰয় লৈছে। তাৰবাবেই তাৰ
প্ৰায়শ্চিত্ত হ'ব
লাগিব।
শনেই
নিজ মুখেৰেই সকলো স্বীকাৰ কৰিছে। সহানুভূতি পোৱাৰ আশাত গাঁৱৰ মানুহক সকলো কথা ভাঙি-পাতি
কৈছে। একো লুকোৱা নাই। আটায়ে তাৰ নিজৰ মানুহ। ল'ৰালি দিনৰপৰা সি সিহঁতক দেখি আহিছে। আইতা, ভাই-ককাই, বাই-ভনী, মাহী-পেহী বুলি মাতিছে। এটা সময়ত এওঁলোক তাৰ সুখ-দুখৰ লগৰীয়া আছিল।
খেল-ধেমালিৰ প্ৰেৰণা আছিল। এওঁলোকক চাবলৈ সি কিমান আগ্ৰহেৰে, কিমান আশাৰে উভতি আহিছে।
দুৰ্ভিক্ষৰ
সময়ত গাঁৱৰ প্ৰায় আধা মানুহ গাঁও এৰি গুচি গৈছিল। কোন ক’লৈ গ'ল, কোন
ক’ত মৰিল তাৰ একো
ঠিকনা নাই। শনেই অহাৰ আগতে যিসকল মানুহ আহিছে সিহঁতৰ বেছি ভাগেই গাঁৱৰ শ্মশানত
আশ্ৰয় লৈছে— শান্তিৰ
আশ্রয়। যিসকল জীয়াই আছে, জাতত
উঠিবলৈ সিহঁতে হোম আৰু পঞ্চগব্যৰ বাহিৰে একো কৰা নাই। সিহঁতক উপদেশ দিবলৈ মানুহ
আছিল; শনেইৰ দৰে সিহঁতে
নিজ মুখে একো স্বীকাৰ কৰা নাই৷ সিহঁতৰ ইতিহাস আছিল চমু— ঘৰে ঘৰে ভিক্ষা মাগি যি চাউল, খুদ-কণ পাইছে, গছৰ তলত নিজৰ হাতেৰে ৰান্ধি-বাঢ়ি
খাইছে। অজাতি বিধৰ্মীৰ হাতৰ অখাদ্য সিহঁতে কেতিয়াও খোৱা নাই।
সমজুৱাৰ
মেল আৰম্ভ হ'ল।
পহৰাজে শ্লোক মাতি, তাৰ
অৰ্থ ভাঙি সমিধান দিলে- হোম হ'ব, পঞ্চগব্য হ'ব, দেবতাৰ মাৰ্জন, অষ্ট
প্ৰহৰ, গাঁৱৰ দেবী আৰু
মহাদেৱৰ পূজা হ'ব
লাগিব। এইবোৰ কাম কৰিলেহে শনেই জাতত উঠিব পাৰিব— সমাজৰ লগত উঠা-বহা কৰিব পাৰিব। যদি এইবোৰ নকৰে তেনেহ'লে সি পতিত, অস্পৃশ্য হৈ থাকিব, কাৰো ঘৰত সোমাব নোৱাৰিব, সাজ-বাচনত খাব নোৱাৰিব, কুঁৱা স্পৰ্শ কৰিব নোৱাৰিব। তাক যিয়ে
স্পৰ্শ কৰিব সিয়ো অস্পৃশ্য হ'ব।
সি কাপোৰ-কানি ধুব লাগিব— গা
ধুব লাগিব। তাৰ মুখ দৰ্শন কৰিলেও অমংগল হ'ব। সি দেৱতাৰ মন্দিৰত প্ৰবেশ কৰিব নোৱাৰিব, দেবতাৰ প্ৰসাদো নাপাব। মানুহ হ'লেও তাক প্ৰেত বুলি গণ্য কৰা হ'ব। ইত্যাদি ইত্যাদি.....
শনেই
মনে মনে সকলো শুনি আছিল। সমজুৱাই বিচাৰ-বিবেচনা কৰি পহৰাজৰ মুখেৰে যি কথা প্ৰকাশ
কৰালে, শনেইৰ কাণত
সেইবোৰ ধ্বনিত-প্রতিধ্বনিত হ'বলৈ
ধৰিলে; কিন্তু কাণত
প্ৰবেশ নকৰিলে। জাতৰ কথা, সমাজৰ
কথা সি পাছত বিবেচনা কৰিব। শনেই আজিলৈকে দুদিন উপবাসী। পেটত খুদকণ এটাও পৰা নাই।
ভোকত পেট কলমলাই আছে। কিবা এটা খালেহে দেহলৈ বল আহিব। সমজুৱাসকলে যদি তাৰ খোৱা-লোৱাৰ
কাৰণে কিবা ব্যৱস্থা কৰিলেহেঁতেন! এইদৰে ভাবি শনেই সমজুৱাৰ মুখলৈ চাই ৰল; কিন্তু মুখেৰে কোনো শব্দ নোলাল ৷
হৰি
মহান্তিয়ে শনেইক উদ্দেশ্য কৰি ক'লে-
বুজিলানে শনেই, যিজন
মৰে সিতো নিশ্চিন্ত হয়, জাতি-ধৰ্ম
তাৰ পাছত লাগি নাথাকে; কিন্তু
যিজন জীয়াই থাকে সি জাতি-ধর্ম মানি চলিব লাগে। বোপা, ধৰ্মহীন হৈ বৰ্তি থাকিব পাৰিবা জানো? ময়ো কৈছোঁ, পহৰাজে যি ক'লে তাকে কৰাগৈ। তেনেহ'লে কোনো বাধা-বিৰোধ নাথাকিব। এইবোৰ
নকৰিলে কাৰো ঘৰত তুমি ভৰি থ'ব
নোৱাৰিবা।
হৰি
কাণ্ডিয়ে ক’লে-
মহান্তিয়ে যি ক'লে
সেয়া ঠিক কথা। কায়া শুদ্ধ নকৰিলে,
কোনেও তোক গ্ৰহণ নকৰিব।
অন্যান্য
সকলেও একে কথাকে ক'লে।
শনেই সকলো শুনিলে; কিন্তু
একো বুজিব নোৱাৰিলে। তাৰ দুৰ্বল হাতদুখন মূৰৰ ওপৰত স্থাপন কৰিলে। শনেই সকলো মানি
লোৱা বুলি ধৰি লৈ কোৱা-মেলা কৰি সমজুৱাসকল ঘৰা-ঘৰি গুচি গ'ল। শনেইৰ খোৱা-লোৱাৰ বিষয়ে কোনেও একো
নক'লে নাইবা এই
বিষয়ে কোনেও কোনো কথা চিন্তা নকৰিলে।
ৰাতি
বঢ়াৰ লগে লগে শীতৰ প্ৰকোপো বাঢ়ি আহিল। শনেইৰ শৰীৰত হাড়কেইডালৰ বাহিৰে তেজ-মঙহ
বুলিবলৈ একো নাছিল। ঠাণ্ডাত হাড়-ছাল কঁপিবলৈ ধৰিলে। ভোকত কলমলাই থকা পেট লৈ সি
ওপজা গাঁৱৰ মাটিত গছৰ তলত নিশা যাপন কৰিব লাগিব। কোনে জানে তাৰ জীউ থাকিবনে
নাথাকে! ওপজা গাঁৱৰ মাটিৰ সেৱা কৰিবলৈ সি কিমান আগ্ৰহেৰে লৰি আহিছে! লোকৰ দুৱাৰে
দুৱাৰে ভিক্ষা মাগি, কিমান
আশাত বুকু বান্ধি সি ওপজা গাঁৱলৈ উভতি আহিছে তাৰ খবৰ কোনেও নল'লে। সমজুৱাৰ নিষ্ঠুৰ ব্যৱহাৰত তাৰ
জীয়াই থকাৰ আশা ক্ষীণৰ পৰা ক্ষীণতৰ হৈ আহিবলৈ ধৰিলে।
সি
জীয়াই থাকিল কিয়? আৰু
কি কাৰণতনো সি জীয়াই থাকিব? জীয়াই
থাকি তাৰ সুখ ক’ত? মাক-ভায়েক-ভনীয়েক কোন ক'ত থাকিল, জীয়াই আছেনে মৰিছে তাৰো একো ঠিকনা নাই। আত্মীয়-স্বজন এৰি জীয়াই
থকাটো বিড়ম্বনাৰ বাহিৰে আন একো নহয়। গাঁৱৰ মানুহে তাক পৰিত্যাগ কৰিলে। এই দেশত, এই সমাজত জন্ম গ্ৰহণ কৰা যিদৰে পাপ, জীয়াই থকাটো তাতোকৈ অধিক পাপ। ইমান
ডাঙৰ গাঁৱত যিসকল জীয়াই আছে, সিহঁতে
তাক ভৰিৰে ঠেলিলে। তাৰ সুখ-দুখ,
জীৱন-মৰণৰ কথা কোনেও নুসুধিলে। মানুহবিলাকৰ হৃদয়বোৰ নীৰেট শিল হৈ গ’ল নেকি বাৰু ?
শনেই
কোনো বিষয়ে ভাবি-চিন্তি সিদ্ধান্ত লোৱাৰ অৱস্থাত নাছিল। সি লাহে লাহে কদম গছৰ
তললৈ আহি মন্দিৰৰ কাষত শুই পৰিল। কিছু সময় পাছতে তাৰ ক্লান্ত চকুৰ পতা মুদ খাই
আহিল।
নিদেই
আৰু চিন্তেই চুই দুয়ো ভায়েক-ককায়েক। চিন্তেই ডাঙৰ। সি ৰাজীৱ চুইৰ প্ৰথমা পত্নীৰ পক্ষৰ সন্তান।
সাতদিনীয়া সন্তান চিন্তেই চুইক থৈ ৰাজীৱ চুইৰ প্ৰথমা পত্নীয়ে যেতিয়া পৰলোক গমন
কৰিছিল, তেতিয়া
ৰাজীৱ চুই হতাশ হৈ পৰিছিল। তাৰ প্ৰথম ও প্রধান চিন্তা আছিল কেনেকৈ কেঁচুৱা সন্তানটোক
বচাব পাৰে। সহানুভূতিৰ কাৰণে
যিসকল তিৰোতাই কেঁচুৱাটোক আল-পৈচান ধৰিবলৈ আগবাঢ়ি আহিছিল
সিহঁতেইবা কিমান দিন আল-পৈচান ধৰিব পাৰিব? সেয়ে একমাত্র সন্তানৰ ভবিষ্যতৰ কথা চিন্তা কৰি, পত্নী বিয়োগৰ শোক মনৰপৰা মাৰ নৌযাওঁতেই
চল্লিছ বছৰ বয়সত তেৰ বছৰীয়া কইনা এজনীক বিয়া কৰাই ঘৰলৈ আনিবলৈ বাধ্য হৈছিল। যৌৱনৰ দুৱাৰ দলিত
ভৰি দিয়াৰ আগতে যিজনী ছোৱালী ৰাজীৱ চুইৰ গৃহিণী হৈ আহিছিল, ওচৰ-চুবুৰীয়া আৰু ঘৰৰ মানুহে তাইক
চিন্তেই চুইৰ মাক বুলি মাতিবলৈ আৰম্ভ কৰিছিল।
চিন্তেই
চুই তাইৰে হাতে-গঢ়া মানুহ। পাছত তাই কেইজনীমান ছোৱালী আৰু একমাত্ৰ পুত্র সন্তান
নিদেই চুইক জন্ম দিলে। তথাপি চিন্তেই চুই আছিল তাইৰ আঁখিৰ তৰা। সময়ত জীয়েক
কেইজনীক বিয়া দি উলিয়াই দিলে। চিন্তেইৰ বিয়া পাতি দিয়াৰ পাছত ৰাজীৱ চুইয়ে চকু
মুদিলে। দেউতাকৰ মৃত্যুৰ পাছত চিন্তেই চুই হতাশ নহ'ল। সি ভাবিলে- সি সংসাৰ কৰিব, মানুহৰ দৰে মানুহ হ'ব।
তাৰ নাম নিজৰ গাঁৱৰ মানুহৰ লগতে পঁচিছখন গাঁৱৰ মানুহে জানিব— তাৰ নাম শুনিলেই আটায়ে তাক চিনি পাব।
সি
বেলেগ ফালে মন নিদি, ধন-ধান
সঞ্চয়ৰ বাবে মন দিলে। মন দিলে নতুন নতুন খেতিৰ মাটি কিনাৰ বাবে। বিধবাৰপৰা আৰম্ভ
কৰি সম্ভ্রান্ত ঘৰৰ বোৱাৰী-জীয়াৰীৰ আ-অলংকাৰ বন্ধকত ৰাখি সি মহাজনী কাৰবাৰ আৰম্ভ
কৰি দিলে। ক্রমে ক্রমে মাটি-বাৰীও বন্ধকত ৰাখিবলৈ আৰম্ভ কৰিলে। মানুহবোৰে জানিলে, চিন্তেই চুই প্ৰাপ্যৰ বাহিৰে অন্যায়
ভাবে কাৰো পৰা অধিক ধন নলয় আৰু কণা কড়ি এটাও এৰি নিদিয়ে। সি বিচাৰে তাৰ
প্রাপ্যখিনিহে।
চিন্তেই
চুই লাহে লাহে উঠি আহিল। ধনে-ধানে তাৰ ভঁড়াল উপচি পৰিল। নিধেইও মানুহ হ'ল। চিন্তেই চুয়ে তাৰ বিয়া পাতি দিলে। বিয়াৰ
পাছত নিধেই সজাগ হ’ল।
চিন্তেই চুই নিধেইৰ হাতত খেতি-বাতি,
ধান-চাউল, গৰু-বলধ, আত্মীয়-স্বজন আৰু বন্ধু-বান্ধবৰ
তত্ত্বাৱধানৰ দায়িত্ব এৰি নিজে ব্যৱসায় আৰু আইন-আদালতলৈ ব্যস্ত হৈ পৰিল। চিন্তেই
চুই নিধেইৰ হাতত সকলো এৰি দিলেও মাজে-সময়ে নিধেইক মাতি আনি কাষত বহুৱাই সকলো
খা-খবৰ লয়, হিচাপ-নিকাচ
চায় আৰু আইন-আদালতৰ ব্যাখ্যা শিকায়।
চিন্তেই
চুইৰ একমাত্ৰ জীয়েৰ ধোবী। কাকবন্ধ্যা বুলি তাৰ পত্নীক মানুহে চাৰি কথা শুনাবলৈ
নেৰে। তাই লোকৰ কথাত ব্যাথিত হ'লে
চিন্তেই চুই নিধেইৰ ল'ৰা-ছোৱালীকেইটালৈ
আঙুলিয়াই কয়- এওঁলোক তোমাৰ সন্তান নহয় জানো? ধোবীৰ মাকে চিন্তেই চুইৰ কথা শুনি মিচিকিয়াই হাঁহে; কিন্তু হৃদয়ত কিহবাৰ অভাব অনুভৱ কৰে।
তাই বাৰ ব্ৰত তেৰ পাৰ্বণ পালন কৰে;
কিন্তু ভগবান তাইৰ ওপৰত প্ৰসন্ন নহয়।
ল'ৰা-ছোৱালীকেইটাৰ আটাইৰে আবদাৰ আইতাকৰ
ওচৰত। আইতাই ধোবীক সকলোতকৈ অধিক স্নেহ কৰে। ধোবী যেন তাইৰ চকুৰ তৰা। মুহূর্তকাল
নেদেখিলে বৃদ্ধা অস্থিৰ হৈ উঠে। ধোবীৰ শুকান মুখ দেখিলে বৃদ্ধাৰ দুচকুত বাৰিধাৰা
বয়। ধোবীক টানি আনি কোলাত লৈ মৰম কৰে।
দুৰ্ভিক্ষ
আহিল। চিন্তেই চুইৰ ধন-সম্পত্তি উত্তোত্তৰ বৃদ্ধি পাবলৈ ধৰিলে। বিষ্ণুপুৰৰ
যিমানবোৰ মানুহ ঘৰ-বাৰী এৰি থৈ ভোকৰ তাড়নাত দিশে দিশে গুচি গ'ল, সিহঁত আটায়েৰে সাজ-বাচন, গাই-বলধ, আ-অলংকাৰ, খেতি-বাৰী চিন্তেই চুইৰ নিজৰ সম্পত্তি
হ'ল। গাঁৱৰ মাজেৰে
যোৱা ৰাস্তাত থিয় হৈ চাই পঠিয়ালে যিমান দূৰলৈ দৃষ্টি প্ৰসাৰিত কৰিবপৰা যায় সকলো
মাটি-বাৰী চিন্তেই চুইৰ। পথাৰত যিবোৰ গৰু-ছাগলী চৰি ফুৰে সকলো তাৰ। গাঁৱত যিমান
বিলাক মানুহ জীয়াই আছে, আটায়ে
চিন্তেই চুইৰ ওচৰত ধৰুৱা। অধিকাংশই তাৰ চাকৰ-বাকৰ, নহ'লে
আধিয়াৰ খেতিয়ক।
চিন্তেই
চুই ডাঙৰ মানুহ। তাৰ অন্যায় কথাও বেদবাক্য, তাৰ চকুৰ পচাৰেই মানুহৰ বাবে আদেশ। তাৰ আঙুলি নিৰ্দ্দেশত আটায়ে বিবাহ বিচ্ছেদ
পর্যন্ত কৰিবলৈকো প্রস্তুত।
চিন্তেই চুই ডাঙৰ মানুহ, সি সমাজপতি, সি যি ক’ব সেয়াই হ'ব
লাগিব। পহৰাজে তাৰ কথা অনুসৰি শাস্ত্ৰৰ শ্লোক বিচাৰি উলিয়ায়। শাস্ত্ৰ পুৰাণত
বিচাৰি নাপালে মনে গঢ়া শ্লোক গাই শুনায়।
দুর্ভিক্ষ
আহিল। বহু মানুহৰ ঘৰ ভাঙিল, পুনৰ
সেই ভেটিতে প্রাসাদোপম অট্টালিকা উঠিল। মানুহৰ ঘাম, তেজ আৰু জীৱনৰ বিনিময়ত শ্মশানৰ ওপৰত গঢ়ি উঠিল ধনীক শ্ৰেণীৰ প্রাসাদোপম
ভৱন। পুখুৰী খন্দা হ’ল, দেৱালয় খোলা হ'ল। মুমূৰ্ষুৰ আৰ্তনাদ তল পেলাই
দেৱালয়ত বাজি উঠিল শংখ ঘণ্টা। দুৰ্ভিক্ষৰ দুবছৰত বাটে-ঘাটে ম’হ-মাখিৰ দৰে মানুহৰ লানি নিছিগা সোঁত
বৈছিল। চিন্তেই চুইৰ ধন-সম্পত্তি ও প্রতিপত্তি যি সময়ত বাঢ়িছিল, ঠিক সেই সময়ত আৰ্তৰ চিঞৰ-বাখৰে
আকাশ-বতাহ মুখৰিত কৰি তুলিছিল। শাক-কচু খাই যি সময়ত মানুহবোৰে জীৱন ধাৰণ কৰিবলৈ
বাধ্য হৈছিল, ঠিক
সেই সময়ত চিন্তেই চুইৰ স্নেহৰ জীয়েক ধোবীৰ বিয়া ধুমধামেৰে হৈ গ'ল।
দুর্গাপুৰৰ
পৰা বিষ্ণুপুৰলৈ দুমাইলৰ বাট। মাজত খৰচুৱা নদী। জিতেই নায়েক দূৰ্গাপুৰৰ
সম্ভ্ৰান্ত মানুহ। তাৰ একমাত্ৰ ল'ৰাৰ
লগত চিন্তেই চুইয়ে ধোবীক বিয়া দি উলিয়াই দিলে। মানুহবোৰে ধন্য ধন্য কৰিলে, প্ৰশংসা কৰিলে। মণিকাঞ্চন সংযোগ। ডাঙৰ
মানুহৰ আত্মীয় ডাঙৰ মানুহ। আটায়ে আনন্দিত ।
পহৰাজে
মন্ত্ৰ মাতি ধোবীৰ হাত নিতেই নায়েকৰ হাতত সঁপি দিয়াৰ সময়ত যথাৰীতি ভালৰি
বোলাবলৈ পহৰাজে চিন্তেই চুইক ক’লে-
দেখিলানে চুই, ক’ত সম্ভ্রান্ত বংশীয় জিতেই নায়েক আৰু
ক'ত দুখীয়া বনেই
পড়িৰা!
ধোবীয়ে
সেই কথা শুনিছিল আৰু বেদীৰ ওপৰত বহিয়ে তাৰ দেহ কঁপি উঠিছিল। তাইৰ মনত পৰিছিল তিনি
বছৰ আগৰ কথা। বনেই পড়িৰা হতাশ হৈ ল'ৰা-ছোৱালীলৈ উদাস মনেৰে গুচি যোৱাৰ সেই দৃশ্য তাইৰ চকুৰ আগত ভাহি
উঠিছিল। আটায়ে গুচি যোৱাৰ পাছত শনেই পড়িৰা ক্ষণিকৰ বাবে তাইৰ ফালে উভতি চাইছিল। নিৰাশ চকুৰে সি
যেন ধোবীক কিবা ক’ব
খুজিছিল। কিন্তু তাৰ মনৰ কথা সি ক’বপৰা
নাছিল।
সিদিনাও
যদি বনেই পড়িৰাই তাৰ ভুল স্বীকাৰ কৰিলেহেঁতেন, তেনেহ'লেও
চিন্তেই চুইয়ে কেতিয়াও বনেই পড়িৰাৰ বংশ ধ্বংস হ’বলৈ এৰি নিদিলেহেঁতেন। তেনেহ'লে ধোবী এতিয়া কাৰ হাতত থাকিলহেঁতেন!
ওৰণিৰ
তলত ধোবীৰ চকু পানী ওলাল। তাইৰ চকুৰ আগত ভাহি উঠিল শনেই পড়িৰাৰ শুকান মুখ— বলিষ্ঠ দেহখনি। শনেইৰ বিবৰ্ণ
কান্দোনমুৱা মুখখনে সিদিনা তাইক যেন কিবা ক'ব খুজিছিল; কিন্তু
ক’বপৰা নাছিল, এনেকুৱা উপলব্ধি হৈছিল ধোবীৰ। তাই
মূৰ্চ্ছা গৈ দেউতাকৰ দয়া-মায়াহীন কোলাত ঢলি পৰিছিল। চুইয়ে জীয়েকৰ পিঠি মোহাৰি
ফংগু বেজক মাতি ব্যস্তভাবে কৈছিল- হেৰা, কি চাই আছা ? বিচনীৰে
বিচি নিদিয়া কিয়? হোমৰ
জুইৰ তাপত দেহৰপৰা ঘাম ওলাই কাপোৰ-কানি তেনেই তিতি গৈছে। বিচি গা শাঁত নকৰা কিয়?
দেউতাকে
সিদিনা ধোবীৰ কায়িক দুঃখ উপলব্ধি কৰিব পাৰিছিল ঠিকেই; কিন্তু মনৰ দুখ উপলব্ধি কৰিব পৰা
নাছিল।
ধোবী
শহুৰেকৰ ঘৰলৈ যাবলৈ পাল্কীত উঠিল। তাই বাটৰ দুয়োকাষে চাই চাই যাবলৈ ধৰিলে। যি
ফালে চকু যায় সেই ফালেই চকুত পৰে কংকালৰ সমদল, সিহঁতৰ পেট গৈ পিঠিত লাগিছে, দুহাত পাতি খাবলৈ বিচাৰিছে। তাইৰ তেতিয়া শনেইৰ কথা মনত পৰিছিল। তাই তেতিয়া
বেলেগ ফালে চাই পঠিয়াইছিল; কিন্তু
সেই ফালেও সেই একেই দৃশ্য। শনেইৰ কথা মনত পৰাৰ লগে লগে তাইৰ হৃদয় মোচড় দি উঠিছিল।
x x x
দূর্গাপুৰতো
মগনীয়াৰ ভিৰ। মগনীয়া দেখি ধোবীৰ চকুৰপৰা লোতক বাগৰে। তাইৰ পেটত দানা-পানী নাযায়, তাই অনশন আৰম্ভ কৰিলে। তাই কাকো একো
নকৈ অনাহাৰে থাকিবলৈ ল'লে।
নিতেই নায়েক তাইৰ মনৰ কথা বুজিব নোৱাৰে। আদৰ-সোহাগ কৰে; কিন্তু ধোবীৰ মুখৰপৰা কোনো কথা বাহিৰ
কৰিব নোৱাৰে।
নিতেই
নায়েকে তেওঁৰ ঘৰৰ লখিমী- অন্নপূর্ণাৰ মনোকষ্ট সহ্য কৰিব
নোৱাৰিলে। অৱশেষত ধোবীৰ অশ্রুসিক্ত নয়নৰ অনুৰোধত নিতেইৰ পৰামৰ্শ অনুসৰি জিতেই
নায়েকে অন্নসত্র খুলি দিলে। দলে দলে মগনীয়া আহি অন্নসত্ৰত ভিৰ কৰিলে। সাগৰৰ ঢৌৰ
দৰে লানি নিছিগা মগনীয়াৰ সোঁত ব’বলৈ
ধৰিলে। দূর্গাপুৰৰ বাটে বাটে মাথোন মগনীয়াই মগনীয়া। পেটৰ তাড়ণাত ঘৰ-বাৰী এৰি থৈ
যোৱা মানুহবোৰৰ ঘৰতে মগনীয়াবোৰে আশ্ৰয় ল’লে। প্রতিদিন মানুহ মৰিছে। মৃতদেহ সৎকাৰ কৰিবলৈ মানুহ নাই। মৃতদেহবোৰ
গেলি-পচি দূর্গাপুৰৰ বায়ু বিষাক্ত কৰি তুলিলে।
জিতেই
নায়েক চিন্তিত হ'ল।
মানুহবোৰক খাবলৈ পিবলৈ দিয়াটো অসম্ভৱ হৈ পৰিল। এই পৰিস্থিতিত কি কৰা উচিত তেওঁ
ভাবি উলিয়াব নোৱাৰিলে। এনেকুৱা এটি দিনতে পহৰাজক লগত লৈ চিন্তেই চুই জীয়েকৰ ঘৰত
উপস্থিত হ'ল।
তেওঁ জিতেই নায়েকক সাৱধান কৰি দিবলৈ ক’লে- চম্ভালিব নোৱাৰিবা, বিয়ৈ। মগনীয়াৰ সংখ্যা নকমিব, দিনে দিনে বাঢ়িবহে। শেষত অঘটন ঘটিব। ধোবী ছোৱালী মানুহ, তাই এইবোৰৰ কি বুজিব পাৰিব?
নায়েকে
ক’লে- ভগবান ভৰসা!
নিতেই দয়ালু মানুহ। লোকৰ দুঃখ সহ্য কৰিব নোৱাৰে। সম্পত্তি থাকিলে, সিহঁতৰেই থাকিলেহেঁতেন, সিহঁতেই ভোগ কৰিলেহেঁতেন। সিহঁতৰ
ভাগ্যত যি দুঃখ ভোগ আছে, কৰিব।
মোৰ সকলো যাওঁকগৈ। মানুহৰ কল্যাণলৈয়ে সিহঁত জীয়াই থাকিব পাৰিব।
পহৰাজে
নস্য টানি ক’লে-
কলিযুগত ভগবান স্বৰ্গৰপৰা নামি আহি দুৰ্জনক বিনাশ কৰিবনে? এই যুগত সুদর্শন চক্ৰলৈ ভগবান নামি
নাহে। সংসাৰৰ সকলো
পাপীক বাটে বাটে নুখোৱাইহে মাৰিব। কলিযুগৰ নাৰায়ণে হাতেৰে নামাৰি ভাতেৰেহে মাৰিব।
কলিযুগ আহিছে নায়েক, কলিযুগ।
পাপী-তাপীৰ পৰিত্ৰাণ নাই৷
চিন্তেই
চুই আৰু পহৰাজ হতাশ হৈ গুচি আহিল। জিতেই নায়েকে অন্নসত্ৰ বন্ধ নকৰিলে। নিতেই
নায়েকে মানুহ-দুনুহ লগতলৈ মগনীয়াসকলক দেখা-শুনা কৰিবলৈ ওলাই গ'ল। মগনীয়াসকলক বিচাৰি আনি সি
অন্নসত্ৰত আশ্ৰয় দিবলৈ ধৰিলে।
কলেৰা
আৰম্ভ হ'ল। বনজুইৰ দৰে
দিশে দিশে কলেৰাই আগুৰি ধৰিলে। প্রতিদিন শ শ মানুহ যমৰ আলহী হ'বলৈ ধৰিলে। ধোবীয়ে নিতেইৰ হাতত ধৰি ক'লে- ব’লা, আমি
ইয়াত থাকিব নালাগে, বিষ্ণুপুৰলৈ
যাওঁগৈ।
নিতেই
নায়েকে ধোবীৰ মূৰ বুকুত সাৱটি ধৰি ক'লে- কে’লেই
ইমান ভয় কৰিছা? ভগবান
আছে নহয়, ভগবানে
আমাক ৰক্ষা কৰিব। এই দুৰ্দিনত আমি মানুহবোৰৰ কাষত থিয় নিদিলে কোনে থিয় দিব? আল-পৈচানৰ অভাৱতে ইহঁত মৰিব লাগিব
দেখোন।
নিতেই
নায়েক মগনীয়াসকলৰ খা-খবৰ ল'বলৈ
ওলাই গ'ল। গলবস্ত্ৰ হৈ
ধোবীয়ে ভগবানক খাটিবলৈ ধৰিলে- ভগবান, তুমি তাৰ সহায় হোৱা।
ল'ৰাৰ সাহস দেখি জিতেই নায়েক ভয় খাই
ভগবানৰ শৰণ ল’লে-
হৰি, তুমিয়ে ভৰসা।
শহুৰেক, বোৱাৰীয়েক
দুয়ো ঘৰত বহি নিতেই নায়েকৰ মংগলৰ বাবে এইদৰে ভগবানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
দিনে দিনে কলেৰা প্ৰচণ্ডভাবে বিস্তাৰ হ'বলৈ ধৰিলে। প্ৰাণপণ চেষ্টা কৰিও একোতে একো কৰিব নোৱাৰিলে নিতেই
নায়েক। নাখাব লগা অখাদ্য খাই, নহ'লে প্ৰয়োজনতকৈ অধিক খাদ্য খোৱাৰ ফলত
অৱস্থা অধিক শোচনীয় হ’বলৈ
ধৰিলে।
কোনো
দেৱ-দেৱীয়ে একো কৰিব নোৱাৰিলে। এদিন জিতেই নায়েক আৰু নিতেই নায়েকৰ কলেৰা হ'ল।শাহুয়েক-বোৱাৰীয়েক দুয়ো বিচলিত হৈ
উঠিল। চিন্তেই চুইৰ ওচৰলৈ খবৰ পঠোৱা হ'ল। চিন্তেই চুই খবৰ পাই আহি দেখিলে সকলো শেষ। পিতা-পুত্ৰ দুয়ো
কলেৰাত ঢুকাইছে। শাহুয়েকে আত্মহত্যা কৰিছে। ধোবী অজ্ঞান হৈ পৰি আছে। মগনীয়া আৰু
গাঁৱৰ মানুহে ঘৰৰ সকলো বস্তু লুটপাত কৰি লৈ গৈছে।
x x x
মাথোন
কেইমাহমান স্বামীৰ সংসাৰ কৰি বিধবা হৈ ধোবী পিতৃ-গৃহলৈ উভতি আহিল। কাৰ দোষত তাইৰ
সোণৰ সংসাৰ পুৰি ছাই হৈ গ’ল? এইবোৰ কথা ভাবিলে ধোবীৰ হৃদয়
ভাৰাক্ৰান্ত হৈ উঠে। তাই আমন-জিমনকৈ বহি থাকে। দোষ তাইৰ নিজৰে। কাৰণ তাই দুখীয়াৰ
দুঃখ সহিব নোৱাৰি অন্নসত্ৰ খোলাৰ কথা কৈছিল। দুখীয়াক দয়া দেখুৱাবলৈ গৈ তাইৰ মূৰত
আকাশী সৰগ ভাগি পৰিল।
খোৱা-লোৱা
ত্যাগ কৰি ধোবী দুমাহ কাল বিছনাত পৰি থাকিল। মাকে আহি বুজনি দিয়ে- তোৰ কি হ’ল, ধোবী? উঠ
আই। মানুহে জানো টোপনিত সপোন নেদেখে? তোৰ সংসাৰখনো সপোনেই আছিল। তই মোৰ একমাত্ৰ সন্তান। পুনৰ ভাল ঘৰ চাই
তোক উলিয়াই দিম। উঠ।
এইবোৰ
কথা শুনি ধোবী আৰু বেছিকৈ কান্দে।
আইতাকে
তেতিয়া মূৰত হাত বোলাই কয়- পাহৰি যা, সেইবোৰ পাহৰি যা। তোৰ সোণৰ হাড় চুৰি হৈছে, পুনৰ তোক নতুন হাড় গঢ়াই দিমহি।
চাই
ল’ম, চাই ল’ম আটাইকে।ধোবীয়ে খঙত নিজৰ মুখমণ্ডলত আচোঁৰে।
নিদেই
চুই। সকলো কাজ-কাম পেলাই থৈ মাজে-সময়ে আহি ধোবীৰ কাষত বহি থাকে। ধোবী তাৰ জীউ।
ধোবী খুড়াকৰ বাহিৰে আন কাকো বিশ্বাস নকৰে। তাইৰ সকলো আবদাৰ খুড়াকৰ ওচৰত। খুড়াকৰ
মুখলৈ চালে যেন তাইৰ পেট ভৰি যায়। যি কথা মাকক ক'বলৈ লাজ কৰে, সেই
কথা তাই নিঃসংকোচে খুড়াকৰ আগত ক'ব
পাৰে। খুড়াকে ভাল-বেয়া বুজাই দিয়ে। বাট-অবাটৰ সন্ধান দিয়ে। ইমানবোৰ সন্তানৰ
জন্মদাতা হৈয়ো সি ধোবীকহে নিজৰ সন্তান বুলি ভাবে।ধোবীৰ মুখলৈ চালে তাৰ হৃদয়
কান্দি উঠে। ধোবী খুড়াকৰ ওচৰত বহি কান্দে। খুড়াকে তাইৰ মূৰত হাত বুলাই কয়-
নেকান্দিবি আই, নেকান্দিবি।
খুড়াকৰ
সান্ত্বনা বাণীত ধোবী শান্ত হয়। খুড়ীয়েক আহি পিছফালে থিয় দিয়ে। সৰু সৰু
ভায়েক-ভনীয়েকবোৰেও তাইক আগুৰি ধৰি থিয় দিয়ে। ধোবীয়ে চকুলো মচি
ভায়েক-ভনীয়েককেইটাক বুকুৰ মাজত সাৱটি ধৰে।
চিন্তেই
চুই এদিন হৰি মহান্তিক মাতি আনি গোপনে ক’লে- জিতেই চুইৰ ইমানবোৰ ধন-সম্পত্তিৰ মালিক কোন হ’ব? দূৰ সম্পৰ্কৰ আত্মীয়-স্বজনে সম্পত্তিৰ মালিকানা পাব নেকি?
হৰি
মহান্তিয়ে গৰ্বেৰে ক’লে-
তেনেহ'লে মই হাতৰ কলম
এৰি কাঁচি-খন্তি ধৰিম, বুজিছে।
সি কাগজ এখন দেখুৱাই ক'লে-
এই কাগজত কাৰ টিপচহী মন কৰিছেনে ?
এয়া এইটো জিতেই নায়েকৰ আৰু এইটো নিতেই নায়েকৰ। এই কাগজখন সযতনে
ৰাখিব। সময়ত কামত আহিব। আপুনি যেতিয়া ধোবীৰ শুশ্রূষা কৰাত ব্যস্ত আছিল, তেতিয়া মই মৃতক দুজনৰ লগত কথা পতাত ব্যস্ত হৈ আছিলো।
হৰি
মহান্তিয়ে ফুচফুচাই ক'লে-
যিমান দিনলৈকে ধোবীৰ বেলেগত বিয়া নহয়, সিমান দিনলৈকে সকলো সম্পত্তিৰ মালিক হ’ব ধোবী। বেলেগৰ লগত বিয়া হ’লেহে ধোবীয়ে এই সম্পত্তিৰ অধিকাৰ হেৰুৱাব। আগৰ তাৰিখ দি এই কাগজখনত
অনুমতি পত্র লিখি দিম। এই কাগজখনৰ জৰিয়তে শহুৰেকে ধোবীক তোলনীয়া পো ল'বলৈকো অনুমতি দিব। ধোবীয়ে নিধেইৰ ল'ৰা বিধেইক তোলনীয়া পো ল'লেই সকলো লেঠা মৰিব।
খুড়াকৰ
ল'ৰাক?
হয়
খুড়াকৰ ল'ৰাক।
আইনে যেনেকৈ চলায় তেনেকৈয়ে চলিব লাগিব। আপুনি নিশ্চিন্তে থাকক। মই হাতেৰে কলম
ধৰো, চুই-
কাঁচি-খন্তি নহয়। দুটা সম্পত্তি এটা হৈ যাব, বংশ গৌৰৱ বাঢ়িব। এতিয়া সম্পত্তিৰ ওপৰত দখল ৰাখক। দেখা-শুনা কৰিবলৈ
মানুহ পঠাওক, নহ'লে আপুনি নিজে গৈ এবাৰ বুজলৈ আহকগৈ৷
তুমিয়ে
যোৱা, মহান্তি। তুমিতো
আমাৰ নিজৰে মানুহ। ধোবীয়ে তোমাৰ নামত ক্ষমতা পত্ৰ লিখি দিবহি।
মহান্তিয়ে
গহীনভাবে ক’লে-
অৱশ্যে মোৰ সময় কম, তথাপি
যদি আপুনি কয় নিশ্চয় যাম।
দেউতাকৰ
পৰামৰ্শ অনুসৰি ধোবীয়ে মহান্তিৰ নামত ক্ষমতা পত্ৰ ৰেজিষ্ট্ৰি কৰি দিলে। ৰাম পহৰাজ, বিশি জেনা, নীলা চাহুই টিপচহী দি এই কামৰ সাক্ষী হ'ল। চিন্তেই চুই নিশ্চিন্ত হ’ল।
মহান্তিয়ে
নাক মোহাৰি ক'লে-
চুই, বুদ্ধি থাকিলে
পানীৰ ওপৰতো ঘৰ সাজিব পাৰি৷
x x x
চাৰি
মাহ পাৰ হ’ল।
ধোবী কিছু প্রকৃতিস্থ হৈ উঠিল। ঘৰৰ কাম-বনত মনযোগ দিলে। তাই বিধবা। সেয়ে তাই নানা
ব্ৰত উপাসনা আৰু পুজা- পাটত মনোনিবেশ কৰি সময় কটায়। অকলশৰীয়াকৈ থাকিবলৈ ভাল
পায়। পুথি-পাঁজি, পুৰাণ
শাস্ত্ৰাদি মনযোগেৰে পঢ়ে। পঢ়োঁতে পঢ়োঁতে কেতিয়াবা মনৰ দুখত কান্দি উঠে আৰু
কান্দি কান্দি এটা সময়ত নিজে নিজেই শাঁত হয়।
কেতিয়াবা
আইতাকে আহি তাইৰ কাষত বহে। কেতিয়াবা মাকেও আহি চকুপানী মচি দি কয়-
পাগলী, এনেকুৱা
কিমানজনৰ হয় আৰু পুনৰ মনক সান্ত্বনা দি নতুনকৈ সংসাৰ কৰে। ধোবীয়ে মাথোন কথাবোৰ
শুনি যায়; কিন্তু
কোনো প্রভুত্তৰ নিদিয়ে। খুৰীয়েক আহি কাষত থিয় হয়। চকুলো মচি দি কয়— আই ঐ দেহি! নিতেই কেনে ভাল আছিল। যেনে
আছিল ৰূপ, তেনে
আছিল তাৰ গুণ। নিতেইৰ প্ৰশংসা শুনি ধোবী ফেঁকুৰি উঠে।
চিন্তেই
চুইৰ কিন্তু ধোবীৰ লগত বহি দুদণ্ড কথা পতাৰ সময় নহয়। সদায় কামলৈ ব্যস্ত। খুৰাকে
ঘৰৰ ভিতৰলৈ সোমাই অহাৰ আগতে মাত লগাই কয়- ধোবী, তেলৰ বাটিটো আনচোন। যেন ঘৰত ধোবীৰ বাহিৰে আন কোনো মানুহ নাই। ধোবীয়ে
তাইৰ সকলো কৰি দিব লাগিব। ভাত বাঢ়ি দি নিজে লগত বহি খাব লাগিব। তাই নাখালে
খুৰায়েকে নিজেও নাখাব। ভাগৱত পঢ়ি শুনাব লাগিব।
খুৰীয়েকে
কয়- তাই তোমাৰ লগত বহি কেনেকৈ খাব ? তাই জানো মাছ-মঙহ খায় ?
নিধেই
চুইয়ে কয়- মোক কবিৰাজে মাছ খাবলৈ নিষেধ কৰিছে। মই.......
খুৰীয়েকে
নিধেয়ে নেদেখাকৈ মুখ ভেঙুচায়।
ধোবীৰ
মাকে এদিন চিন্তেই চুইক ক’লে-
ছোৱালীজনীলৈ কেতিয়াবা মন কৰিছানে ?
মানুহে কি বুলি ক'ব? বিধবা বিবাহ নতুন কথা নহয়। ধোবীৰ
কাৰণে ল’ৰা চোৱা।
দুখীয়া হওক, মাথোন
দেখিবলৈ শুৱনি আৰু গা-পাতি ভাল হ'লেই
হ'ল। ইমানবোৰ
সম্পত্তিৰ কি হ'ব? ধোবীয়েতো আধা অংশ পাবই।
চুইয়ে
হুমুনিয়াহ কাঢ়ি কয়- এই বংশত আজিলৈকে যি কাম হোৱা নাই, সেই কাম মই কৰিম কেনেকৈ ? অৱশ্যে বিধবা বিবাহ সংসাৰত নতুন কথা
নহয়। কিন্তু...... । কিছুপৰ মনে মনে থাকি কয়- আৰু পাঁচজনী বিধবা যেনেকৈ চলিছে, তাইকো তেনেকৈ চলিবলৈ দিয়াচোন। তাই জিতেই
নায়েকৰ ইমানবোৰ সম্পত্তিৰ গৰাকী। তাইৰ অভাৱ ক'ত ? তাই
তোলনীয়া পুতেকো ল'ব
পাৰিব। বিধেইক তোলনীয়া লৈ তাই সুখেৰেই থাকিব পাৰিব। তাইৰ কোনো বিষয়ত অভাৱ
নাথাকিব।
নাই
নাই, তুমি এনে কথা নক'বা। তাইৰ ধন-সম্পত্তিৰ প্ৰয়োজন নাই।
তুমি ধোবীৰ জীৱনটোক জ্বলি-পুৰি ছাৰ-খাৰ হ'বলৈ এৰি নিদিবা। দৰা লোকৰ ঘৰত কাম কৰি খোৱা ল'ৰা হ'লেও
আপত্তি নাই, তুমি
মাথোন দৰা চোৱা। মানুহে যদি নিন্দা কৰে কৰিবলৈ দিয়া, তুমি সেইবোৰ কথালৈ মন-কাণ নিদিবা। আগতে
ধোবীৰ জীৱন বচোৱা।
কোনো
মন্তব্য নকৰি চিন্তেই চুই মনে মনে আঁতৰি গ'ল। ভাবিলে, তিৰোতা
মানুহ, সমাজৰ আইন-কানুন
কি বুজিব! বিধবা বিবাহ নোহোৱাতনো কেইজনী ছোৱালী মৰিছে ? ধোবীৰ যদি বিয়া হৈ যায়, জিতেই নায়েকৰ ইমানবোৰ সম্পত্তিৰপৰা
হাত ধুব লাগিব। সাত পুৰুষেও ইমানবোৰ সম্পত্তি কৰা সম্ভৱ নহ'ব।
ধোবীৰ
মাকে নিৰাশ হৈ নিধেইৰ কাষলৈ যায়। নিধেই শুনিলানে ককায়েৰাৰ কথা? ধোবীৰ বিয়া সম্পৰ্কে তুমি কি কোৱা ?
নিধেয়ে
সকলো কথা শুনি উত্তৰ দিয়ে- ধোবীৰ চিন্তা তুমি কে’লেই কৰিছা ? ককাইদেউক
এইবোৰ কথা কোৱাৰ প্ৰয়োজন নাই। ধোবী মোৰ ছোৱালী। তাইৰ কথা মই ভাবিম। বেচাৰী!
কেইদিনমান যাবলৈ দিয়াচোন, চাবা, তাইৰ এই বলিয়ালি বুদ্ধি নোহোৱা হৈ
যাব। তাইৰ অৱস্থা ভালৰ ফালে আহিলেই মই সকলো ব্যৱস্থা কৰিম। ককাইদেউৰ আপত্তিলৈ মই
কাণ-সাৰ নকৰোঁ। তুমি কেইদিনমান ধৈর্য ধৰাচোন।
ধোবীৰ
মাকে অধৈৰ্য হৈ ক’লে-
মই কাৰো কথা নুশুনো। ককায়েৰাই জুই খাবলৈ ক'লেও তুমি নির্বিবাদে গিলি খাবা আৰু নিষেধ কৰিলে নাখাবা। তোমাৰ কথা মই
নাজানো বুলি ভাবিছা নেকি ? তুমি
তেওঁৰ আগত মূৰ তুলি কথা ক'বলৈকো
ভয় কৰা।
ধোবীৰ
বাবে মই সকলো কৰিব পাৰো। তুমি নিশ্চিন্তে থাকা, নবৌ। অন্ততঃ এই বিষয়ে বিদ্রোহী হ'বলৈ মই ভয় নকৰোঁ।
ইয়াৰ
পাছত ছমাহ কাল কালৰ বুকুত জাহ গ'ল। ধোবীৰ শোক লাহে
লাহে পাতল হৈ আহিল। আগতে খোৱা-লোৱা ত্যাগ কৰি বিছনাত পৰি কন্দা-কটা
কৰিছিল যদিও বৰ্তমান তাই বহু পৰিমাণে প্ৰকৃতিস্থ হৈ উঠিছে। শোক পাহৰি থাকিবলৈ
বৰ্তমান সৰু-সুৰা কাম-বনত হাত দিবলৈ আৰম্ভ কৰিছে। পুথি-পুৰাণ পঢ়া, গৃহদেৱতাৰ কাৰণে মালা গাঁথা, ভায়েক-ভনীয়েককেইটাৰ লগত খেলা-ধূলা
আদি কৰিবলৈ আৰম্ভ কৰিছে। নানা খুহুতীয়া কথা কৈ আনক হঁহুৱাই নিজেও হাঁহিবলৈ যত্ন কৰা হৈছে।
জগতখন
এনেকৈয়ে চলি আছে। কাৰো দুঃখ চিৰদিনৰ বাবে ৰৈ নাথাকে। সময়ত সকলো সহিবপৰা হৈ যায়।
পাৰ হৈ যোৱা দুখৰ দিনবোৰ সপোনৰ দৰে অনুমান হয়। অতীতলৈ উভতি চালে হৃদয় কেতিয়াবা
ব্যাথাতুৰ হয়। বর্তমান অর্থহীন যেন লাগে আৰু ভবিষ্যত অনুমান হয় অন্ধকাৰৰ দৰে।
কিন্তু সেইবোৰ ভাৱনা-চিন্তা ক্ষণস্থায়ী; যেনেকৈ ধুমুহাৰ অন্তত সাগৰৰ পানী পুনৰ শান্ত, স্থিৰ আৰু সুন্দৰ হৈ পৰে।
ধোবী
ৰাতি গৃহদেৱতাৰ পূজালৈ ব্যস্ত হৈ পৰে। পুৰোহিতে পূজা আৰম্ভ কৰিলে তাই ঘণ্টা বজায়।
শেষত দণ্ডৱত হৈ গৃহদেৱতাক প্ৰণাম জনায়। পূজা শেষ কৰি আহি কণ কণ ভায়েক-ভনীয়েক, মাক-খুৰীয়েক আৰু খুৰাকৰ আলপৈচান
ধৰিবলৈ ব্যস্ত হৈ পৰে। সোণৰ প্ৰতিমাৰ দৰে পাঁচ বছৰীয়া ভায়েক বিধেইক জন্মৰ
পাছৰপৰা ধোবীয়ে অধিক মৰম কৰি আহিছে। জন্মৰ পাছৰপৰা যি বিধেইক তাই কোলাৰপৰা
নমোৱাটো টান হৈছিল, সেইজন
বিধেইক কোলাত লৈ মৰম কৰে। তাক সজাই-পৰাই দিয়ে। তাৰ লগত কথা পাতে। বিধেইক তোলনীয়া
পো কৰাৰ যি অধিকাৰ শহুৰেকে তাইক দি গৈছে, সেই অধিকাৰ মৰ্মে শহুৰেকৰ সকলো সম্পত্তিৰ মালিক হ’ব বিধেই। দেউতাকে কোৱা এইবোৰ কথা মনত
পৰিলে তাইৰ মনটো কেনেবা কেনেবা কৰে। তেতিয়া বিধেইক তাই কোলাৰপৰা নমাই দিয়ে। খঙাল
দৃষ্টিৰে তাই তাৰ মুখৰ ফালে চাই থাকে।
বিধেই
কিন্তু তাইৰ মনৰ কথা বুজিব নোৱাৰে। সি ধোবীৰ পিঠিত আঁউজি থিয় হৈ কয়- সাধুকথা কোৱা
বাইদেউ! ধোবীয়ে তেতিয়া তাৰ কথালৈ কাণসাৰ নকৰি উচাট মাৰি গুচি যায়। বিধেই
তেতিয়া কান্দি দিয়ে আৰু বাইদেউৰ পিছে পিছে যায়।
বিধেইৰ
কান্দোন শুনি কাম এৰি খুৰীয়েক দৌৰি আহে। বিধেইক কোলাত লয়। বিধেই কিন্তু শাঁত
নহয়। হাত-ভৰি আছাৰি কান্দিবলৈ ধৰে। সি কান্দি কান্দি কয়- মই বাইদেউৰ কোলাত উঠিম।
বিধেইৰ মাকে তেতিয়া ডাবি মাৰি কয়- চুপ্ চুপ্, মাথোন বাইদেউ আৰু বাইদেউ ? কিন্তু ডাবি মৰাৰ পাছতো বিধেই শান্ত নহয়। তেতিযা মাকে খঙত কোলাৰপৰা
নমাই দি গুচি যায় আৰু কয়- অসভ্য ল’ৰা! যা, বহি
বহি কান্দগৈ।
কথাবোৰ
ধোবীৰ কাণত পৰে। তাই দৌৰি আহি বিধেইক কোলাত লৈ চকুপানী মচি দি নিচুকাবলৈ ধৰে।
বিধেই শাঁত হয়। ধোবী পুনৰ সাধুকথা ক'বলৈ আৰম্ভ কৰে।
ধোবী
মাজে সময়ে সন্ধিয়া মহাদেৱৰ মন্দিৰলৈ যায়। মহাদেৱ মন্দিৰ গাঁৱৰ সিমূৰে। বনেই
পড়িৰাৰ ঘৰৰ কাষেদি মন্দিৰ লৈ যোৱা বাট। বেল, দেৱদাৰু আৰু নাৰিকল গছেৰে আগুৰা সৰু মন্দিৰটো। বহু দিনৰ পুৰণি মন্দিৰ। মন্দিৰৰপৰা অলপ
নিলগত থকা পুখুৰীটোৰ তলি এতিয়া মাটি পৰি পৰি প্ৰায় ভৰি গৈছে। অলপ ঠাইতহে পানী আছে। পানী থকা ঠাইডোখৰত কলমৌ আৰু দলেৰে ভৰি
আছে। সেই কলমৌ আৰু দলৰ মাজত সাপ,
জোক কিলবিলাই আছে। কোনো মানুহ পুখুৰীত নানামে। পুখুৰীৰ তলিৰ শুকান অংশত
বনৰীয়া কাঁইটীয়া জোপোহানি।
বনেই
পড়িৰাৰ ভিঠাটো ধোবীৰ চকুত পৰে। তাই খন্তেকৰ কাৰণে থমকি ৰৈ যায়। ঘৰবোৰ কলৈ গ'ল। ধোবীৰ হৃদয় চমকি উঠে। শনেইলৈ মনত
পৰে। তাৰ দেহ কোনোবা শ্মশানত শিয়াল, কুকুৰৰ আহাৰ হৈ গ'ল
নেকি? তাইৰ বুকুৰ মাজত
মোচড় দি উঠে। তাই খৰ খোজেৰে আগবাঢ়ি যায়।
মগনীয়া
দেখিলে ধোবীৰ খং উঠি যায়। মগনীয়াবোৰৰ কাৰণেই তাইৰ সৰ্বনাশ হৈছে। তেওঁলোকৰ দুখ
সহিব নোৱাৰি তাই নিজে দুখ মূৰ পাতি লৈছে। ভগবানে দিয়া শাস্তি তাই হাত পাতি নিজে
গ্ৰহণ কৰিছে।
সিদিনা
সন্ধিয়া মহাদেৱ মন্দিৰৰপৰা উভতি অহাৰ বাটত বনেই পড়িৰাৰ ভিঠাৰ সন্মুখভাগ পাই
টিমিয়ে ক’লে-
বাইদেউ শুনিলানে নাই, বনেই
পড়িৰাৰ ল'ৰা
শনেই পুনৰ গাঁৱলৈ উভতি আহিছে। আস্! একেবাৰে যেন শ্মশানৰপৰাহে উঠি আহিছে।
টিমিৰ
কথা বিশ্বাস কৰিব নোৱাৰি ধোবী থমকি ৰৈ গ'ল। তাই টিমিৰ হাতত ধৰি কাষলৈ চপাই আনি সুধিলে- কি ক’লা ?
হয়, শনেই ভাই মানে শনেই পড়িৰা গোপীনাথ
মন্দিৰৰ কাষত বহি আছিল। মানুহবোৰে ভিৰ কৰি তাক নানা প্রশ্ন সুধি আছিল। মই ভিৰ ঠেলি
গৈ তাক চাই আহিছোঁ। দেউতাই কোৱা শুনিলোঁ- শনেই, তোৰ ভেটিততো ঘৰ-দুৱাৰ একো নাই। সাপ, বিছাই বাহ লৈছে। এতিয়া থাকিবি ক'ত ?
ধোবী
থমকি ৰৈ গ'ল।
তাই মূৰ তুলি বনেই পড়িৰাৰ ভেটিটোলৈ চাই পঠিয়ালে। হুমুনিয়াহ কাঢ়ি তাই সুধিলে-
তেতিয়া শনেইয়ে কি ক’লে ?
নাজানো কি ক’লে। মানুহবোৰে তাৰ কথা শুনি হাঃ হাঃকৈ
হাঁহিবলৈ ধৰিলে। এজন ল'ৰা
তাৰ কাষলৈ যাবলৈ বিচৰাত এজন মানুহে বাধা দি কৈ উঠিল- আৰে, কি কৰা, সেইফালে নাযাবি। সি অন্নসত্ৰত কি খাইছে তাৰ একো ঠিক নাই। তাক চুলে
জাত যাব। আৰু বিশেষ একো শুনিব নোৱাৰিলোঁ। বিশি জেনাৰ পুতেক দন্দাই মোক দেখি মোৰ কাষলৈ
আহিল। তাক দেখিলে মোৰ খুউব ভয় লাগে। অসভ্যটো! মোক দেখিলেই সি মিচিকাই হাঁহে। অকলে
পালে এনেকুৱা হাঁহি-তামচা কৰে যে,
শুনিলে মোৰ গাত জুই জ্বলে। গতিকে গুচি আহিলোঁ।
টিমিৰ
কথা ধোবীৰ কাণত সোমালনে নাই বুজা নগ'ল। তাই একো নক’লে।
মনে মনে আগবাঢ়িল। শনেইক চাবলৈ তাইৰ মন চাটিফুটি কৰিবলৈ ধৰিলে।
টিমিয়ে
পুনৰ ক'লে- তাৰ লগত আৰু
কোনো অহা নাই। সি অকলেই আহিছে।
আৰু
কোনোৰ অৰ্থ ধোবীয়ে উপলব্ধি কৰিব পাৰিলে। টিমিয়ে নিজৰ গিৰিয়েকৰ কথাকে কৈছে। সেয়ে তাই মাথোন সহানুভূতি দেখুৱাবলৈ ক’লে- তাৰ কোনো খা-খবৰ পালা নেকি ?
বেদনাতুৰ
কণ্ঠত টিমিয়ে ক’লে-
নাই পোৱা। কোনোবাই কৈছে, মৰিছে, কোনোবাই আকৌ কৈছে, খ্রিষ্টান অথবা মুছলমান হৈ গৈছে। আকৌ
কিছুমানে কয়, হয়তো
কাৰোবাক লৈ পলাই গৈছে। মায়ে কয়,
নীলকণ্ঠক মাত, সি
নিশ্চয় শুনিব। প্রতিদিন পূজা-অৰ্চনা কৰি তোৰ মনৰ দুখ জনাবলৈ চেষ্টা কৰ, সি নিশ্চয় আহিব।
এইদৰে
কথা পাতি আহি আহি দুয়ো এৰা-এৰি হ’বৰ
হ'ল। ধোবীয়ে
আকাশৰ ফালে মূৰ তুলি ক'লে-
চোৱা টিমি তৰাবোৰ আকাশত কেনেকৈ জ্বলি আছে।
ধোবীৰ
কথাত টিমিয়ে আকাশৰ ফালে চালে। তৰাবোৰ সঁচাকৈয়ে জ্বলি থকা তাইৰ চকুত পৰিল।
শনেইৰ
কথা ভাবি ভাবি ধোবী আগবাঢ়িল।
x x x
তেতিয়াও
চন্দ্ৰ উদয় হোৱা নাছিল। ধোবী অকলেই ঘৰলৈ উভতি আহিল। শনেইৰ কথা শুনাৰেপৰা ধোবীৰ মন ছট্ফটাই আছে।
কিমান দুখ- কষ্ট সহ্য কৰি সি নিজৰ ওপজা গাঁৱখন আৰু আপোন মানুহখিনিৰ ওচৰলৈ উভতি
আহিছে! গাঁৱৰ মাটিয়ে তাক গ্ৰহণ কৰিলেও গাঁৱৰ মানুহখিনিয়ে তাক গ্ৰহণ কৰিবলৈ সাজু
নহয়। সি প্ৰায়শ্চিত্ত কৰি জাতত উঠিলেহে সমাজে তাক গ্ৰহণ কৰিব! জাতত নুঠিলে কোনেও
তাক পানী এটোপাও দিব নোৱাৰিব। কাৰো ঘৰত সি আশ্ৰয় ল'ব নোৱাৰিব।
জীয়াই
থকা জানো পাপ? জীয়াই
থাকিবলৈ মানুহে যি কৰে সেয়া জানো দোষণীয় কাম। ভগবানৰ ওচৰত কোনেও দোষী নহয়। মানুহবোৰে খোৱা
আৰু পিন্ধাৰ দাবীলৈয়ে পৃথিবীলৈ আহে। এই দাবীৰপৰা কোনো আইনে মানুহক বঞ্চিত কৰিব
নোৱাৰে।
ধোবীৰ
মনত শনেইৰ কাৰণে দয়া নাই। তাৰ দোষ সি মগনীয়া— সি দুখীয়া। দুখীয়াক দয়া দেখুৱাবলৈ গৈয়ে তাই সৰ্বস্বান্ত হৈছে।
সেই কাৰণে তাই মগনীয়াৰ দুখ চাব নিবিচাৰে। কিমান মগনীয়াইতো বাটে-ঘাটে পৰি মৰিছে।
শনেই আকৌ বেলেগ মানুহ নেকি ? গাঁৱৰ
ল'ৰা বুলিহে তাই শনেইৰ
প্ৰতি আকৃষ্ট হৈছিল।
বিধেইক
কোলাত লৈ সাধুকথা কৈ ধোবীয়ে কণ কণ ভাইটি-ভণ্টিহঁতক টোপনি নিয়াবলৈ যত্ন কৰিলে।
খুৰীয়েকে তাইক খাবলৈ মাতিলে- ধোবী,
খুৰায়েৰা তোমাৰ কাৰণে ৰৈ আছে। আহা ভাত খোৱাহি। তোমাৰ লগত একেলগে বহি নাখালে তেওঁৰ পেটলৈ ভাত নাযায়। এইদৰে মন্তব্য কৰি খুৰীয়েকে পুনৰ ক’লে- বেচাৰী ?
ধোবী
খাব নোৱাৰিলে। ধোবীৰ উপলব্ধি হ'ল
যেন শনেই আকুল নয়নে তাইৰ মুখলৈ চাই আছে। যেন সি ধোবীৰ হাতত ধৰি কঁপা কঁপা মাতেৰে
কৈছে- মোক অলপ খাবলৈ দিয়া। ধোবীৰ মনত পৰিল স্বামী আৰু শহুৰেকৰ কথা। সিহঁতে দৰিদ্ৰ
নাৰায়ণৰ সেৱা কৰিবলৈ গৈ জীৱন উছৰ্গা কৰিছে। শনেই সেই মগনীয়াবোৰৰে এজন। যেতিয়া
ভোকাতুৰ শনেই জাৰত কঁপি কঁপি ৰাতি পুওৱাৰ বাবে অপেক্ষা কৰি থাকিব, চকুত টোপনি নাথাকিব, ঠিক তেতিয়া জিতেই নায়েকৰ বোৱাৰী, নিতেই নায়েকৰ গৃহিণী ধোবী খাই-বই
সুকোমল বিছনাত নিশ্চিন্তে শুই থাকিব ?
ইমানবোৰ
সম্পত্তি সিহঁতে কাৰ বাবে এৰি থৈ গ'ল ? শ শ মোণ ধান দেউতাকৰ ভঁৰালত উঠিল কিয়? নহ'লে জানো সকলো মানুহ ভোকাতুৰ থাকিলহেঁতেন? যি কাম তাইৰ স্বামী-শহুৰেকে আধৰুৱাকৈ
এৰি থৈ গৈছে, সেই কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব এতিয়া তাইৰ নিজৰ। কিন্তু এই কথা তাই
কাক ক'ব ? দেউতাকক ক'লে বিৰক্ত হ’ব। দেউতাকৰ ভয়ত খুৰাকে মুখ বন্ধ কৰি
থাকিব। তাইৰো এতিয়া শহুৰেকৰ সম্পত্তিৰ ওপৰত অধিকাৰ নাই। কি সাহসত তাই মনৰ কথা
প্ৰকাশ কৰিব ?
আধৰুৱাকৈ
খবলৈ এৰি ধোবী উঠি থিয় হ’ল।
নিধেই চুইয়ে ক’লে-
কি হ’ল আই, আধৰুৱাকৈ খাবলৈ এৰিলা কিয় ? সদায় এইদৰে আধৰুৱাকৈ খালে তই জীয়াই
থাকিবি কেনেকৈ ?
ধোবীয়ে
কোনো উত্তৰ দিব নোৱাৰিলে। খুৰীয়েকে ক’লে- মই মানা কৰাৰ পাছতো তাই সন্ধিয়া আখৈ খালে।
খুৰাক
নিশ্চিন্ত হ'ল।
খুৰীয়েকে কিয় মিছা মাতিলে ধোবীয়ে বুজিব নোৱাৰিলে। তথাপি তাই প্রতিবাদ নকৰিলে।
দুপৰ
নিশা। শীত বেছি হৈ আহিল। ধোবী বিছনাৰপৰা উঠি বাৰাণ্ডালৈ ওলাই আহিল। আইতাকে
নিশ্চিন্ত মনে টোপনি গৈছে। তাই চাৰিওফালে চকু ফুৰালে। কি সুন্দৰ জোনাক নিশা! চৌদিশে নীৰৱ
নিস্তব্ধ। জিলীৰ মাতেহে
মাথোন নিশাৰ নীৰৱতা ভংগ কৰি আছে। ধোবীৰ চকুত টোপনি নাই। তুঁহ-জুইৰ দৰে শনেইৰ
দুৰৱস্থাই তাইক দগ্ধ কৰি আছে। ভোকাতুৰ পেটত, উদং গাৰে সি কেনেকৈ নিশা কটাব ?
ল'ৰালি দিনৰ খেল-ধেমালিৰ কথা মনত পৰি গ'ল ধোবীৰ। শনেয়ে তাইক কিমান ভাল পাইছিল। ধোবীয়ে ক'লে যিমানে কষ্টকৰ নহওঁক কিয় সেই কাম
শনেয়ে নির্বিবাদে হাঁহি মুখেৰে কৰি দিছিল। চিন্তা কৰাৰো প্ৰয়োজনবোধ কৰা নাছিল।
তাইক সেই শনেইৰ গৃহিণী কৰাৰ কাৰণে দেউতাকে কিমান আশা কৰিছিল! বনেই পড়িৰাই সেই
আশাত চেঁচা পানী ঢালিলে। সেয়ে তাইৰ দেউতাকে খঙত প্ৰতিশোধ ল'লে। তাৰ বাবে শনেইতো দায়ী নহয়।
শনেয়ে এদিন তাইৰ হাতত ধৰি অতি দুখেৰে কৈছিল- দেউতাই নিষেধ কৰিলে, পহৰাজ উভতি গ'ল।
সিদিনা
সি কিমান আশাৰে তাইক সুধিছিল, এতিয়া
কি কৰিবা কোৱা ? ধোবীয়ে
তেতিয়া পৰিহাস কৰি কৈছিল- কঁই ফুল বুটলাগৈ, যোৱা।
সেয়াই
আছিল সিহঁতৰ শেষ কথা-বতৰা।
কঁইও
এতিয়া নাই। বাপেক-জীয়েক উভয়ে গাঁও এৰি ক'ৰবালৈ গুচি গৈছে। আজিলৈকে উভতি অহা নাই। তেতিয়াৰ ধোবীও আজি নাই।
যিদিনা বিষ্ণুপুৰ এৰি দূৰ্গাপুৰলৈ গৈছিল সিদিনাই তাইৰ মৃত্যু হৈছে। জীয়াই আছে
মাথোন শনেই। পৃথিবীত সি আজি অকলশৰীয়া। সহায়-সম্বল একো নাই। তাৰ ওপৰত দেৱতা
নিষ্ঠুৰ হ'ল।
গাঁৱৰ ল'ৰা সি। এতিয়া সি বাহিৰত
পৰি ভোক পিয়াহত কমলাই মৰিব নেকি ?
ধোবীৰ
শৰীৰ কঁপি উঠিল। কিমান মৃত্যুৰ দৃশ্য তাই নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। আস্, কেনে নিষ্ঠুৰ সেই মৃত্যু! মৃত্যুই
সময়-অসময়ৰ বিচাৰ নকৰে। পাত্ৰ-অপাত্ৰৰ চিন্তা নকৰে। কিমান আশা-আকাংক্ষা লৈ মানুহ ওপজে।
কিমান উৎসাহেৰে সুখৰ কাৰণে মানুহে নিজৰ কৰ্ম কৰে। সকলো আধৰুৱাকৈ এৰি থৈ গুচি যাব
লগা হয়। মানুহ দেৱতাৰ ইচ্ছাত মৰে,
নে মানুহৰ অৱহেলাৰ কাৰণে মৰে ? কোনেও এই কথা নিশ্চিত ভাবে ক'ব নোৱাৰে।
ধোবীৰ
চকুত চকুলো ওলাই আহিল ।
চৌদিশৰপৰা
জেঠীবোৰে টিক্ টিক্ কৰি উঠিল। ধোবী অস্থিৰ হৈ উঠিল। তাই গিৰিয়েকৰ মুখত শুনিছিল, কেনেকৈ অৰ্দ্ধমৃত মানুহ এজনক কুকুৰে
ছিৰাছিৰ কৰি খাইছিল। আস্, মগনীয়াজনৰ
কিযে বুকু-ফলা চিঞৰ! মানুহবোৰে লাঠি-যাঠিলৈ তাক বচাবলৈ লৰি গৈছিল; কিন্তু বচাবপৰা নাছিল। কাৰণ তাৰ দেহটো
ইতিমধ্যে ক্ষত-বিক্ষত হৈ গৈছিল।
শনেই
পড়িৰাৰো বাৰু সেই একেই অৱস্থা হ'ব
নেকি ? এই চিন্তা মনলৈ
অহাৰ লগে লগে তাই অস্থিৰ হৈ উঠিল। নাই নাই, যেনেকৈয়ে হওঁক তাক বচাবই লাগিব। শনেইক তাই কেতিয়াওঁ মৰিবলৈ এৰি
নিদিয়ে। মানুহে দুর্নাম ৰটনা কৰিব,
দেউতাক বিৰক্ত হ'ব।
হওঁক। যিয়ে যি কয় কৈ থাকক। সর্বদর্শী ভগবানেতো ওপৰৰপৰা সকলো চাই থাকিব!
টুকুৰা-টুকুৰ
মেঘবোৰে জোনটোক ঢাকি উৰি গুচি গ'ল।
ধোবীৰ মনতো সেইদৰে অলেখ ভাৱনাৰ মেঘ উৰিবলৈ ধৰিলে। জোনাকৰ দৰে সকলো চিন্তা-ভাৱনা
ধোবীৰ মনত স্থিৰ হৈ ৰ'ল। শনেইৰ জীয়াই
থকাৰ অধিকাৰ আছে, সি
জীয়াই থাকিব লাগিব। সমাজৰ চকুত সি দুখীয়া, অস্পৃশ্য, অজাত, পতিত— কিন্তু অনন্ত আত্মাৰ চকুত সি মানুহ৷
ধোবী
পাকঘৰলৈ আহিল। ভাবিলে, তাই
কাকো নজগায়, যি
কৰিব লাগে তাই নিজেই কৰিব। তাই যে দুখীয়াক বচাব এই কথা যেন আন কোনেও গম নাপায়।
যেতিয়া গাঁৱৰ মানুহ টোপনিত লালকাল অথবা সপোন দেখাত বিভোৰ, ভূত-প্ৰেতৰ ভয়ত যেতিয়া মানুহবোৰে
বাহিৰলৈ ওলাবলৈ ভয় কৰে, জোপহানিবোৰে
যেতিয়া অশৰীৰি আত্মাৰ ৰূপলৈ মানুহৰ আদিম বিশ্বাসক ভয় দেখুৱায়, ঠিক এনেকুৱা এটি সময়তে তাই গাঁৱৰ বাটত
ভৰি দিলে৷ কান্ধত ওলমি আছে কাপোৰ আৰু কম্বল। তাইৰ এখন হাতত পানীভৰ্ত্তি লোটা আৰু আনখন হাতত কাঁহৰ কাঁহীত
খাদ্যবস্তু।
মাক-দেউতাক, খুৰাক-খুৰীয়েক, শহুৰ-শাহুয়েকৰ অতি চেনেহৰ ছোৱালী
ধোবী। বাহিৰলৈ যাবলৈ ভৰি আগবঢ়ালে যাৰ আগে-পিছে মানুহ থাকে। কিজানি ছোৱালীজনীয়ে
ভয় খায়! সেইজনী ধোবী আজি গাঁৱৰ বাহিৰলৈ ওলাইছে অকলশৰীয়াকৈ, দুপৰ নিশা, দুখীয়াৰ সেৱাৰ কাৰণে। দুখীয়াৰ সেৱাৰ
কাৰণে, মৃত স্বামীৰ
আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ কাৰণে তাই যদি অপমানিত হ'ব লগা হয়, জীৱন
দিব লগা হয়, তাতো
তাইৰ আপত্তি নাই।
x x x
মন্দিৰৰ
বাৰাণ্ডাৰ য'ত
পোহৰে মায়াজাল বিস্তাৰ কৰি আছিল,
তাতে শনেই শুই আছিল। তাৰ শৰীৰ বৰফৰ দৰে চেঁচা পৰি আছিল। ওপৰৰপৰা শীত
সৰিছে, তলৰ মাটিও বৰফৰ
দৰে ঠাণ্ডা হৈ উঠিছে। শত ছিন্ন কাপোৰখন এফালে টানিছে, আনফালে ওলাই পৰিছে। পেটত
খুদকণ এটাও পৰা নাই। ভোকৰ তাড়নাত পেট কমলাই আছে। টোপনি আহিব কেনেকৈ? আহিলে
আহিব মহানিদ্রা, যি
নিদ্ৰাৰপৰা কোনেও কোনোদিন সাৰ নাপায় ।
শনেই
উঠি বহিল। দুপৰ নিশা। চাৰিওফালৰ নিস্তব্ধতালৈ চাই পঠিয়ালে সি। সকলোৱে তাক উপহাস
কৰিছে— সকলোৱে তাক
ইংগিতেৰে কৈছে- যা, উভতি
যা। বন্ধু-বান্ধৱ, আত্মীয়-স্বজন
সকলো মিছা, ওপজা
গাঁৱৰ মায়া হ'ল
নিচা। এই পৃথিবীখন তোৰ, ওপজা
ভূমি তোৰ নিজৰ । য’ত
তোৰ উপস্থিতি বেলেগক উপলব্ধি কৰাব পাৰিবি সেয়াই তোৰ আপোন ঠাই, সেয়াই তোৰ দেশ। যিসকলে তোক এৰি থাকিব
নোৱাৰিব, সেই সকলেই তোৰ
বন্ধু-বান্ধৱ, সিহঁতেই
তোৰ আত্মীয়-স্বজন। জাতি-ধর্ম সকলো ভণ্ডামী।
গোপীনাথ
মন্দিৰটো হয়তো বহু যুগৰ পুৰণি। তাৰ পূৰ্বপুৰুষসকলে কিমান পূজা কৰিছে, কিমান ভক্তি কৰিছে; কিন্তু ক’তা? শিলৰ বুকুৰ পৰাতো ভগবান ওলাই নাহিল ? লক্ষ লক্ষ প্রাণী বাটে-ঘাটে পৰি মৰিল। ভগবানেতো কাৰো জীৱন ৰক্ষা কৰিব
নোৱাৰিলে ? তেনেহ'লে কিয় এই পূজা, কিয় এই অৰ্চনা ? কিমান মন্দিৰ, কিমান মূৰ্ত্তি ভাঙি মাটিৰ লগত মিহলি
হৈ গ'ল। কোনোটোৱেতো
জীৱন্ত হৈ আত্মৰক্ষাৰ চেষ্টা নকৰিলে?
সকলো
মিছা, সকলো ভণ্ডামী।
মানুহৰ হাতে-গঢ়া ভগবানে কেতিয়াও মানুহক ৰক্ষা কৰিব নোৱাৰে। মানুহৰ জীৱন-মৰণ
মানুহৰ হাতত, মানুহৰ
শক্তি-সামর্থ্যত। যিয়ে হাৰে, তেঁৱে
মৰে। পৃথিবীত মাথোন দুটা কথাই সত্য। জন্ম আৰু মৃত্যু। যাৰ শক্তি আছে, তাৰ নিজৰ নাথাকিলেও আনৰ মুখৰপৰা কাঢ়ি
খাব পাৰে। কাঢ়ি খাবপৰা জন জীয়াই থাকে আৰু কাঢ়ি খাব নোৱাৰা জন মৰে।
শনেইৰ
শক্তি নাই, সি
দুখীয়া ।
মৃত্যুই
তাৰ ফালে চৌদিশৰপৰা চাই আছে। তাক আমন্ত্ৰণ জনাইছে। তাৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই।
তাৰ আশা-আকাংক্ষা সকলো নাইকীয়া হৈ গৈছে। মাক, ভায়েক-ভনীয়েক কোনেও ঘূৰি অহা নাই। হয়তো আটায়ে মৰিছে। গাঁৱৰ যিসকল
মানুহক সি আত্মীয়-স্বজন বুলি জানিছিল, সিহঁতে কিন্তু তাক নিবিচাৰিলে। মানুহে নিজৰ বাবে জীয়াই নাথাকে, জীয়াই থাকে আনৰ বাবেহে। যিসকলে তাক
ভালপায়, চেনেহ কৰে, যিসকলে তাৰ কাৰণে হাঁহে, কান্দে, কেতিয়াবা তাৰ মুখলৈ চাই থাকে, কেতিয়াবা আকৌ ঘৃণা কৰে, সিহঁতৰ বাবেহে মানুহ জীয়াই থাকে।
শনেইৰ
তেনেকুৱা কোনো মানুহ নাই। সি অবাঞ্ছিত, অপৰিচিত, তেনেহ'লে তাৰ জীয়াই থাকি লাভ কি ? সন্মুখৰ এই পুখুৰীটো, এই পুখুৰীৰ পানীত বহুতে লাজ ঢাকিবলৈ
নিজৰ জীৱন বিসৰ্জন দিছে। শনেইও তাকেই কৰিব। দেহৰ যন্ত্ৰণা আৰু সহ্য কৰিব নোৱাৰে সি।
মন্দিৰৰ
চোতালত শুই থকা কুকুৰটো লৰি-চৰি উঠিল। গছৰপৰা বাদুলিকেইটামান উৰি গুচি গ'ল। আকৃতি সলাই সলাই শুকুলা মেঘবোৰ জোনৰ
পোহৰ ঢাকি উৰি গুচি গ'ল।
শনেইৰ হাড় কঁপাই এছাটি শীতল বতাহ বৈ গ'ল। জিলীবোৰে ঝিঁ ঝিঁ মাতেৰে গৰজি উঠিল। দূৰণিৰ গছৰ ওপৰত নিষ্প্রভ
তৰাবোৰ তিৰবিৰাই জ্বলি আছে। যেন সকলোতে জীৱনৰ সূচনা হ’বলৈ আৰম্ভ কৰিছে।
অনন্ত
কালৰ সকলোবোৰ একেদৰেই জীয়াই আছে। সকলো মানুহ মৰিছে, মানুহৰ স্থিতি লীন হৈ গৈছে; কিন্তু সলনি হোৱা নাই পৃথিবীৰ ওপৰৰ সৌ তৰাবোৰৰ সৌন্দৰ্য। শনেই
দুখীয়া। সি গছৰ পাতৰ দৰেই সৰি পৰিব। কিন্তু পৃথিবীখন সোনকালে নমৰিব, পৰিৱৰ্ত্তন নহ'ব, চকৰিৰ দৰে ই চলিয়ে থাকিব। শনেই আৰু পৃথিবীৰ কথা নাভাবে, অনন্তকালৰ বাটেৰে সি গুচি যাব।
শনেইৰ
অতি ক্ষীণ জীৱন দীপ ফুঁ মাৰি নুমাই দিয়াৰ শক্তিকণো আজি তাৰ নাই। সন্মুখৰ সৌ
পুখুৰীটোলৈ আগবাঢ়ি যোৱাৰ শক্তিকণো সি আজি গোটাবপৰা নাই ৷
তাৰ
দুৰ্বল মূৰটো সন্মুখৰ ফালে দো খাই গ'ল।
সি
পুনৰ মূৰ তুলি চালে। পুখুৰীৰ কাষেদি সি কাৰোবাক তাৰ ফালে আগুৱাই অহা প্ৰত্যক্ষ
কৰিলে।
মন্দিৰত
কুকুৰ এটাৰ বাবে ঠাই আছে; কিন্তু
সমাজচ্যুত মানুহৰ বাবে তাত ঠাই নাই।
মন্দিৰৰ
শিলচটাৰ ওপৰলৈ আহি ধোবীয়ে কাপোৰ-কানি জাৰি-জোকাৰি ল'লে। কুকুৰ দুটা ঘেউ ঘেউ কৰি আঁতৰি
পলাল। ধোবী থিয় হোৱা ঠাইডোখৰত জোনৰ পোহৰ উজ্জ্বল হৈ পৰিছিল। লাহে লাহে ধোবী শনেইৰ
ফালে আগবাঢ়িল। কাষলৈ গৈ তাই শনেইৰ হাতত ধৰি বহুৱাই দিলে। শনেইৰ খোজ কঢ়াৰ শক্তি
নাই বাবে ধোবীয়ে তাক ধৰি মন্দিৰৰ বাৰাণ্ডালৈ লৈ আহিল। নিজৰ হাতেৰে তাই শনেইৰ শৰীৰ
জাৰি-জোকাৰি পৰিষ্কাৰ কাপোৰ পিন্ধালে। চাদৰখন শৰীৰত জাপি দি অবিন্যস্ত চুলিবোৰত
আঙুলি বুলাই ঠিক কৰি দিলে। তাৰ পাছত শিশুক খুওৱাৰ দৰে ধোবীয়ে শনেইক আহাৰ খোৱালে ।
দুয়ো
মূক। শনেই নিজকে পাহৰি গ'ল।
ধোবীৰ দয়া, সহানুভূতি
আৰু যত্নৰ প্ৰতি কৃতজ্ঞ হ'লেও
মুখত কৃতজ্ঞতা জনাবলৈ সি ভাষা বিচাৰি নাপালে। কৃতজ্ঞতাত তাৰ চকুলোও নোলাল। সি
দুৰ্বল, অৰ্দ্ধমৃত, নিঃসহায়, সমাজচ্যুত। তাৰ অনুভৱ হ'ল, পৃথিবীখনক সজীৱ কৰিবলৈ, মৃত্যুৰ প্রলোভনৰপৰা ওভতাই আনি জীৱনৰ প্ৰতীক্ষা কৰোৱাবলৈ, শোক-তাপ ভৰা পৃথিবীত আনন্দ-সুখৰ জোৱাৰ
তুলিবলৈ ভগবানৰ শক্তি হৈছে নাৰী;
ধোবী, ধোবী....
।
শনেইৰ
দুৰ্বল দেহত হাত বুলোৱাৰ সময়ত ধোবীৰ চকুৰপৰা লোতকৰ সোঁত ব’বলৈ ধৰিলে। অতীতৰ বহু স্মৃতি তাইৰ মনৰ
পৰ্দাত ভাহি উঠিল। খেল-কৌতুক, আশা-দুৰাশাৰ
স্মৃতি। শনেই পড়িৰা আজি দুৰ্ভিক্ষৰ কবলপৰা নিজক বচাই উভতি আহিছে, কিন্তু সমাজে তাক ক্ষমা কৰিবপৰা নাই।
সি অজাতি, পতিত, সেই বাবেই সি সমাজৰপৰা বিতাড়িত হৈছে।
কোনেও তাক আশ্রয় দিব নোৱাৰে, নিদিয়ে।
নিজৰ ওপজা গাঁৱখনতে সি আজি পৰ হৈ গৈছে। খাবলৈ-পিবলৈ নাপাই গাঁৱৰ মাটিতে সি
মৃত্যুশয্যাত আশ্ৰয় ল'ব
লাগিব।
নিজৰ
ভাৱনাত নিজেই চমকি উঠিল ধোবী। নাই নাই, ভাতৰ কাৰণে শনেই পড়িৰা মৰিব নোৱাৰে। তাই এয়া কেতিয়াওঁ হ’বলৈ দিব নোৱাৰে। পেটৰ তাড়ণাত বনেই পড়িৰাই কেইসেৰমান চাউলৰ
বিনিময়ত তাৰ সকলো সম্পত্তি তাইৰ দেউতাকক দি ভোক নিবাৰণ কৰিছিল। যিদিনা বনেই
পড়িৰা নিৰাশ হৈ গাঁও এৰি গৈছিল,
সিদিনা তাইৰ দেউতাকৰ ওচৰত সি তিনি বিঘা মাটি বিক্ৰী কৰিবলৈ আহিছিল।
কিন্তু সেই মাটি তাইৰ দেউতাকে কিনা নাছিল। ফলত সেই মাটি দেউতাকক লিখি দিয়া নাছিল।
শনেই পড়িৰা কপর্দক শূন্য মগনীয়া নহয়। সি অন্ততঃ তিনিবিঘা মাটিৰ গৰাকী; যি মাটিত বনেই পড়িৰাই সোণ ওপজাইছিল।
ধোবীৰ
কেইদিনমান আগৰ এদিনৰ কথা মনত পৰি গ'ল।
ৰাতি আঠমান বজাত সিহঁতৰ কাচাৰী ঘৰত সৰু সভা বহিছিল। চিন্তেই চুই, ৰাম পহৰাজ, হৰি মহান্তি, বাঘ ওঁজা, বিশি জেনা আৰু এইদৰে কেইজনমান মানুহ
একেলগ হৈছিল। চুইয়ে কৈছিল- মহাদেৱ মন্দিৰৰ ওচৰত বনেই পড়িৰাৰ যি তিনি বিঘা খেতিৰ
মাটি আছে, সেই
মাটি সি বিক্ৰী কৰা নাই অথবা কাৰো ওচৰত বন্ধকতো থোৱা নাই। পড়িৰা বংশৰ আটায়ে
মৰি-জহি গ'ল, এতিয়া সেই মাটি পেলাই থ'লে কি হ'ব? বিশি
জেনা আৰু ৰাম ওঁজাৰ মাটিৰ কাষতে পড়িৰাৰ সাত কঠা মাটি। জেনা আৰু ওঁজাই তাত হাল-কোৰ
মাৰি খেতি কৰক। সিহঁতে নিজৰ অংশ ৰাখি বাকী ফচল পহৰাজৰ নামত মন্দিৰৰ তহবিলত জমা
কৰিলে মন্দিৰৰ কামত আহিব; মন্দিৰ
চলোৱাৰ বাবে কোনো চিন্তা নাথাকিব।
ধোবীয়ে
এই কথা নিজেই শুনিছিল। শনেই পড়িৰাৰ ধান পহৰাজৰ ঘৰত জমা আছে। ভাতমুঠিৰ কাৰণে সি
কে’লেই মানুহৰ ওচৰত
হাত পাতিব? খাবলৈ
নাপাই কিয় সি বাটে-ঘাটে পৰি মৰিব ?
ধোবীয়ে
এইবোৰ কথা শনেইক নক'লে।
কাৰণ কোনো কথা শুনাৰ, ভবাৰ
নাইবা কোনো কঠিন কাম কৰাৰ অৱস্থাত নাছিল তেতিয়া শনেই। গাঁৱৰ মানুহৰ সহযোগিতা
নাপালে সি নিজে কোনো কাম কৰিব নোৱাৰে। সি আগতে জীয়াই থাকক, তাৰ হেৰুৱা বল-বীর্য ওভতাই পাওঁক। পাছত
এইবোৰ কথা সি চিন্তা কৰিব পাৰিব।
ধোবীয়ে
স্নেহার্দ্ধ কণ্ঠত ক’লে-
ককাই, তুমি শুই পৰা।
অকণমান সুস্থ হৈ লোৱা। উভতি আহিছা যেতিয়া কাৰোবাৰ মন অৱশ্যে তোমাৰ প্ৰতি সদয় হ’বহি। সুখ-দুখ সংসাৰত থাকিবই। হতাশ হৈ
লাভ নাই। তুমি এতিয়া শুই পৰা।
শনেইৰ
ফটা-চিঙা কাপোৰখন শিলৰ ওপৰত পাৰি দি ধোবীয়ে শনেইক লাহে লাহে শুৱাই দিলে। তাৰ পাছত
শনেইৰ ভৰিত হাত বুলাই বুলাই ধোবীয়ে ক'লে- ৰাতিপুৱা সাৰ পালে মন্দিৰৰ পিছফাললৈ উঠি যাবাহি। নহ'লে মানুহে তোমাক মিছাতে ব্যতি-ব্যস্ত
কৰিব, কিমান জনে কিমান
কথা সুধিব। সেইবোৰ কথাৰ উত্তৰ দিয়াতকৈ তেতিয়া মনে
মনে থকাই ভাল হ'ব।
কংকালৰ
মুখ মেল খালে- ধোবী!
শনেইৰ
হাতত ধৰি ধোবীয়ে সুধিলে-কিবা ক’বা
নেকি শনেই ককাই।
মোৰ
মৰিবলৈ ইচ্ছা যোৱা নাই ৷
ধোবীয়ে
হাঁহি মাৰি ক'লে-
কাৰো কোনোদিন মৰিবলৈ ইচ্ছা নাযায়,
ককাইদেউ, তথাপি
মানুহ মৰে।
ধোবীৰ
হাতৰ মুঠিত শনেইৰ হাত কঁপি উঠিল। মাথোন এঘণ্টা আগতে সি পুখুৰীত জাঁপ দি সকলো
দুঃখ-কষ্টৰ অৱসান কৰাৰ কথা ভাবিছিল। কিন্তু সি এতিয়া মৃত্যুৰ নাম শুনি কঁপি উঠিল
কিয় ? ধোবীৰ স্পৰ্শই
কংকালৰ হাড়ত মলয়াৰ পৰশ বুলালে নেকি?
শনেইয়ে
কম্পিত কণ্ঠত ক’লে-
মৃত্যুক মই প্রতিদিন বেলেগ বেলেগ ৰূপত দেখিছোঁ, ধোবী। ভাবিছিলো, যেনেকৈ আহে, আহক।
ধোবী তই মোক বচাবলৈ আহিছ। মোৰ জীয়াই থাকিবলৈ আগ্রহ ওপজিছে, একমাত্ৰ তোৰ বাবে........
ধোবীৰ
দেহ কঁপি উঠিল ভয়ত, লজ্জাত, ঘৃণাত। মৃত্যুমুখী প্ৰেতৰ আকৌ ভালপোৱাৰ
বাসনা, কংকালৰ
হাড়কেইডালৰ ভিতৰতো থাকে প্ৰেম ওপজোৱাৰ বিজুলি! অস্পৃশ্য, সমাজচ্যুত, পতিতৰো সুখ-আনন্দৰ বাবে জীয়াই থাকিবলৈ
আশা জাগে!
ধোবীয়ে
শনেইৰ হাত এৰি দিলে। বিজুলিৰ দৰে তাইৰ মনত ভাৱনাৰ ঢৌ খেলি গ'ল। মৃত স্বামী, শহুৰেকৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ, মগনীয়াক বচাবলৈহে তাই এই দুপৰ নিশা
অকলশৰে লৰি আহিছে। মগনীয়াৰ মুখত এনেকুৱা কথা শুনিবলৈতো তাই লৰি অহা নাই। কিমান
দুখীয়া, কিমান মগনীয়া
এই গাঁৱৰ পথে-ঘাটে এখোজ দুখোজ কৰি শ্মশানৰ ফালে আগুৱাই গৈ আছে। স্বামীৰ
মৃত্যু-শোকত দিবা-নিশি কান্দি কান্দি তাই সময় পাৰ কৰিছে। তেতিয়া কিন্তু স্বামীৰ
আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ কাৰণে তাইৰ আগ্ৰহ ওপজা নাছিল। আজি পৰিচিত শনেই মগনীয়া
হৈ উভতি আহিছে, তাৰ
কথা শুনিছে আৰু তাৰবাবেই তাইৰ মন বাৰু সলনি হৈ গ'ল নেকি ?
ধোবীৰ
মনত ক্রোধ সঞ্চাৰ হ'ল।
তাই ভুল কৰিছে, তাই
অন্যায় কৰিছে। তাইৰ স্বামী দেৱতা সিপুৰীত আছে। যাৰ চকুৰ ভাষা, মন গহনৰ প্ৰতিটো ভাৱনা জ্বল জ্বল পট্পটকৈ
দৃশ্যপটত ভাহি আছে। তাই একো লুকাব নোৱাৰে। প্ৰতাৰণা কৰিব নোৱাৰে। তাই জানে, শনেই মগনীয়া বুলি তাক বচাবলৈ লৰি অহা
নাই। মগনীয়া শনেই বুলিহে তাই লৰি আহিছে।
ধোবীয়ে
অস্থিৰতা অনুভৱ কৰিবলৈ ধৰিলে। নিজৰ ভাৱনাত নিজৰে বেয়া লাগিল ধোবীৰ। বেলেগৰ চকুত
ধৰা নপৰিলেও তাইৰ নিজৰ চকুত ধৰা পৰি গৈছে তাই।
নিশাৰ
অন্ধকাৰতে ধোবী ঘৰলৈ উভতি আহিল। ঘৰৰ সন্মুখত কাৰোবাৰ ছাঁয়া মূৰ্ত্তি দেখি ধোবী
থমকি ৰৈ গ'ল।
ধোবী!
নিধেই
চুইৰ কণ্ঠস্বৰ শুনি ধোবী কঁপা কঁপা মাতেৰে সঁহাৰি দিলে- খুৰা!
ইমান
ৰাতি ঘৰৰপৰা বাহিৰ হোৱা উচিত হোৱা নাই, আই। নিশা ভূত-প্ৰেতৰ চলাচলৰ সময়। ব’ল, ঘৰলৈ
ব’ল।
নিধেই
ধোবীৰ হাতৰপৰা কাঁহী-বাটি ল'লে।
ধোবীয়ে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে।
x x x
দিনৰ
পাছত দিন আৰু ৰাতিৰ পাছত ৰাতি পাৰ হৈ যায়। শনেই প্রতিদিন খাদ্য পাইছে; কিন্তু পোৱা নাই ধোবীৰ মৰম। প্ৰাণ পুলক
কৰা পৰশ যাৰ কাৰণে তাৰ চিন্তা-ভাৱনা, সিপুৰীৰপৰা ইপুৰীলৈ উভতি আহিছে, যাৰ বাবে তাৰ জীয়াই থকাৰ আগ্ৰহ উপজিছে, তাইৰ পৰশ সি পোৱা নাই ৷ নিধেই চুই
প্রত্যেক দিন খাদ্য-বস্তু দি যায়। বৰ আগ্ৰহ আৰু যত্নসহকাৰে তাক আহাৰ খুৱায়।
বেলেগ কোনেও এইবোৰ কথা নাজানে, জানিবলৈও
নিদিয়ে।
গাঁৱৰ
মানুহে প্ৰত্যক্ষ কৰিছে দিনে দিনে শনেইৰ স্বাস্থ্য উন্নত হৈছে। কাঠিৰ নিচিনা
হাড়কেইডালত মঙহৰ আস্তৰণ পৰিবলৈ আৰম্ভ কৰিছে। শনেই ক'ত থাকে, কি খায়, কি
কৰে, সেই কথা কোনেও
বুজিবলৈ চেষ্টা নকৰে। অন্নসত্ৰত খাওঁতাৰ ছাঁ পৰিব বুলি আটায়ে শনেইক দেখিলেই আঁতৰি
গুচি যায়। শনেই নিজেও
মানুহৰপৰা আঁতৰি থাকিবলৈ ভাল পায়। দুৰ্যোগত পৰি সি সমাজচ্যুত হৈছে, ইয়াত
মানুহৰ দোষ কি ? কাকো
সি দোষ দিব নিবিচাৰে। দোষ তাৰ ভাগ্যৰ।
লোকৰ
ঘৰত কাম কৰি ভোক নিবাৰণ কৰাৰ শক্তি ঘূৰি আহিছে তাৰ দেহত। সি এতিয়া নিধেই চুইৰ দয়াৰ
ওপৰত নিৰ্ভৰ কৰি থাকিব কিয়? কিন্তু
যি বিষ্ণুপুৰত তাৰ দেউতাকে মজদুৰ লগাই কাম কৰাইছিল, সেই বিষ্ণুপুৰতে সি নিজে মানুহৰ ঘৰত কাম কৰিব নেকি ? বেলেগে দিয়া ভাতৰ ফেন সি খোলা আকাশৰ
তলত বহি খাবলৈ নিশ্চয় তাৰ বেয়া লাগিব। নৈৰ সিপাৰে তাক কোনেও চিনি নাপায় আৰু
সিয়ো তাৰে কাকো চিনি নাপায়, সেইবোৰ
গাঁৱলৈ গৈ সি কামলা বেচি খাব। তেতিয়া সি নিশ্চয় ভোকাতুৰ হৈ থাকিব নালাগিব।
এদিন
শনেয়ে কথাটো নিধেই চুইক জনালে- নিধেই খুৰা, অচিনাকী ঠাইত কোনেও কাকো চিনি নাপায়। মানুহৰ ঘৰত কাম কৰিলে কোনোমতে
চলি যাব পাৰিম। নিজৰ গাঁৱত, নিজৰ
মানুহৰ আগত অপাংক্তেয় হৈ, অস্পৃশ্য
হৈ কুকুৰৰ দৰে দাঁত নিকটাই পৰি থাকিবলৈ মোৰ লাজ লাগে। বেলেগ গাঁৱত নিশ্চয় কাম
কৰিবলৈ লাজ নালাগিব।
নিধেয়ে
বুজাই ক'লে- তুমি ভুল
বুজিছা, শনেই। তোমাৰ একো
নাথাকিলেও সাত পুৰুষৰ ভেটিটোতো আছে। তুমি গুচি গ'লে পড়িৰা বংশৰ নাম এই গাঁৱৰপৰা মচ খাই যাব। বেয়া লাগিছে? বংশ গৌৰৱ মানুহৰ নিজৰ হাতৰ বস্তু নহয়।
এই গাঁৱৰ মাটিতে যি পাৰা, কৰা।
হাতত টকা-সিকা হ'লে
প্ৰায়শ্চিত্ত কৰিব পাৰিবা । সেয়াই ভাল হ'ব।
মূৰ গুজিবলৈও মোৰ ঠাই নাই, খুড়া৷
নিধেইয়ে
কিবা ক'বলৈ গৈ ৰৈ গ'ল। গছৰ সিফালৰপৰা পৰি দলে আৰু ৰাম
পহৰাজক আহি থকা দেখিলে সি। কথা সিমানতে সামৰিবলৈ ক'লে সি- ধৈর্য ধৰি থাকিলে সময়ত সকলো ঠিক হৈ যাব, বুজিলা।
নিধেই
গুচি গ'ল। শনেই পহৰাজ অহালৈ
অপেক্ষা কৰি থাকিল। পহৰাজ আহি শনেইৰ কাষ পালেহি। কাষলৈ আহি
মিচিকিয়া হাঁহি মাৰি ৰাম পহৰাজে মূৰ জোকাৰি গল খেকাৰি মাৰি ক'লে- বেচতো গা-গতৰ হৈছে, শনেই? এইদৰে কৈয়ে সি পৰি দলেক উদ্দেশ্য কৰি ক’লে-পৰি দলে, তোমাৰ আয়েৰাই কি দেখি আহিছে কোৱাচোন।
পৰি
দলেইয়ে ক’লে- যাওঁকচোন, আপুনি নিজেই গৈ চাই আহকগৈ। সিদিনা আইয়ে
দূৰ্গাপুৰলৈ গৈছিল। তাতেই আয়ে পুণিক চাই আহিছে। জিতেই নায়েকৰ চাকৰ মধু ভুঁই
বাউৰিৰ ঘৰত তাই আশ্ৰয় লৈ আছে। তাই এতিয়া ভালেৰেই আছে।
পহৰাজে
ক’লে- যিমানে
প্রায়শ্চিত্ত নকৰ কিয়, তই
আৰু জাতত উঠিব নোৱাৰিবি। ঘৰৰ ছোৱালী বাউৰিৰ আশ্ৰয়ত আছে, আৰু থাকিল কি, কোৱাচোন ? তয়ো এতিয়া বাউৰি জাতিৰ লগত মিলি যা। সমাজ এখন ধৰি থকা ভাল।
পহৰাজ
আৰু দলেই কাঁড় মাৰাৰ ধৰে কথাকেইটা কৈ গুচি গ'ল। শনেই সিহঁতৰ পিছে পিছে নৈৰ পাৰলৈ আহিল। নৈৰ পাৰত থকা এজোপা গছৰ তলত
বহি সি নৈৰ সিপাৰত থকা গছবোৰলৈ চাই পঠিয়ালে। পুৱাৰ সূৰ্য কিৰণে চৌদিশ টৌৱাই গৈছে।
শনেইৰ মূৰৰ ভিতৰত অলেখ ভাৱনাৰ টোৱে তোলপাৰ লগালে। পৰি দলেই নিশ্চয় মিছা কথা কোৱা
নাই। মিছা মাতিবই বা কিয় ? পুণিয়ে
শেষত বাউৰিৰ ঘৰত আশ্ৰয় ল’লে
নেকি? আনবোৰ তেনেহ'লে ক'লৈ গ'ল ? পুণি যে জীয়াই আছে এই কথাই শনেইক
আনন্দ প্রদান কৰিব নোৱাৰিলে। পুণি জীয়াই থাকিও মৰিছে। তাই বংশৰ মুখত চূণ-কালি
সানিছে। পেটৰ কাৰণে কোনে কি কৰা নাই ? মানুহে কুকুৰৰ মুখৰপৰা খাদ্য কাঢ়ি খাইছে। অভাৱৰ তাড়ণাত বাটে-ঘাটে
পৰি মৰিছে; কিন্তু
মানুহক দেখুৱাই কোনো মানুহে বাউৰিৰ ঘৰত আশ্ৰয় লোৱা নাই।
কোনটো
ভাল, কোনটো বেয়া
সেইবোৰ কথা ভাবি স্থিৰ কৰাৰ অৱস্থাত এতিয়া নাই শনেই। পুণি যিয়ে নকৰক কিয়, মানুহে যিয়ে নকওঁক কিয়, শনেইৰ কিন্তু পুণিক চাবলৈ মনটো ছট্ফটাবলৈ
ধৰিলে। সি ভাবিলে, সি যাব, নিজ চকুৰে তাইৰ ভাল-বেয়া অৱস্থা চাই আহিব, যদি সম্ভৱ হয়, তাইক বাউৰিৰ ঘৰৰপৰা উদ্ধাৰ কৰি আনিব।
শনেই
বহি থকা গছজোপাৰ তলেদি নৈৰ বুকুলৈ বাট নামি গৈছে। বাটৰ শেষত কাঁইটীয়া জোপোহানি, তাৰ পাছত নৈৰ পাৰ, বালি, নৈৰ পানী । গাঁৱৰ মানুহে সেই পানীতে গা ধোৱে।
পুহ
মাহ। হিমৰ দৰে চেঁচা পুৱা। নৈৰ পাৰৰ জোপোহা গছবোৰক লতা জাতীয় নানা গছ-গছনিয়ে ছানি ধৰিছে। সেউজীয়া গালিচাৰ
দৰে দেখা গৈছে আটাইবোৰ। নিশাৰ নিয়ঁৰৰ ওপৰত সূৰ্য কিৰণ পৰি ৰূপৰ দৰে উজলি আছে।
গাঁৱৰ মানুহৰ ৰ'দ
পুওৱাৰ সময়; কিন্তু
তেতিয়ালৈকে কোনেও নৈৰ পাৰলৈ অহা নাছিল। গাঁৱত মেলেৰিয়া দেখা দিছে। প্ৰত্যেক ঘৰতে
মেলেৰিয়া হৈছে। প্ৰতিদিন মেলেৰিয়াত মানুহ মৰি আছে। গাঁৱলীয়া বেজ- কবিৰাজে একো
কৰিবপৰা নাই। ভগবান ভৰসাই মানুহৰ মনৰ শান্তি—ৰোগৰ চিকিৎসা। বিপদৰ সময়ত সকলো দায়িত্ব ভগবানৰ ওপৰত এৰি দি মানুহ
নিশ্চিন্ত।
আজি
অমানিশা। আমগছত নতুন ফুলৰ সমাহাৰ। স্বৰ্গত বোলে আম নাই। দেৱতাসকলে আমফুলৰ গোন্ধ ল'বলৈ এই ধৰাধামলৈ নামি আহে। তাৰ বাবে
ঘৰে ঘৰে আমফুলৰ পূজা কৰা হয়। বিভিন্ন ধৰণৰ পিঠা-পনা খোৱা হয়। অমানিশাৰ দিনা
গাঁৱৰ তিৰোতাসকলে নদীলৈ গৈ গা ধুই সূৰ্য উঠাৰ আগতে ঘৰলৈ উভতি আহে। সেয়ে গাঁৱৰ
তিৰোতাবোৰে আজি ৰাতিপুৱাৰ আগতে গা ধুবলৈ বুলি নদীলৈ ওলাই আহিছে।
গা
ধুই উভতি আহোঁতে তিৰোতাসকলে শনেইৰ ফালে কেৰাহিকৈ চাই চাই নিজৰ নিজৰ বাটেৰে গুচি গ'ল। আটায়েকে সি চিনি পায়। গাঁৱৰ ল'ৰা বুলি তাকো আটায়ে চিনে। কিন্তু
কোনেও তাক এষাৰ কথাও নুসুধিলে।
শনেই
নিজৰ ভাৱনাত বিভোৰ। সিও কাকো একো নক'লে। নিজৰ ভাৱনাতে বিভোৰ হৈ থাকিল সি।
কাঁইটীয়া
জোপোহানিৰ সিপাৰে ধোবীক দেখা গ'ল।
তাইৰ লগত বাম ওঁজাৰ জীয়েক টিমি। উভয়ে হাঁহি হাঁহি সেউজীয়া লতাৰ বুকু ফালি
আগুৱাই আহি আছে। উভয়ৰ ৰূপৰ জ্যোতিয়ে শ্যামলিমাৰ লগত খেলা কৰিছে। হাঁহিৰ লহৰে ঢৌ
তুলিছে নীৰৱতাৰ বুকুত।
শনেইৰ
ভাৱনাৰ সোঁত চিঙি গ'ল। চকুৰ আগত
উদ্ভাসিত হৈ উঠিল সপোন— নিশাৰ
ছবি। ধোবী! যাৰ কাৰণে আজি সি জীয়াই আছে, যাৰ বাবে তাৰ মনত জীৱনৰ প্ৰতি মায়া উপজিছে, যাৰ দয়াই তাৰ দেহ-মন আৱৰি আছে, সেই ধোবী! অজানিতে শনেয়ে গল খেকাৰি
মাৰিলে।
ধোবীয়ে
আগুৱাই যাব নোৱাৰিলে। গছৰ তলত থমকি ৰৈ গ'ল। টিমিয়ে ধোবীৰ হাতত ধৰি ক'লে- ব’লা
বাইদেউ, শনেই বাউৰিৰ
ফালে কি চাই আছা? ব’লা......
ধোবীয়ে
তাইৰ মুখত হাতেৰে সোপা দি ক'লে-
চুপ, মই সকলো শুনিছোঁ, পুণি বাউৰিৰ ঘৰলৈ গ'ল বুলি শনেই ককাই বাউৰি হ'ব কিয় ? পুণিৰ লগত সম্পৰ্ক নাৰাখিলে আৰু প্ৰায়শ্চিত্ত কৰিলে সি আকৌ জাতত
উঠিব পাৰিব।
শনেই
মূৰ তুলি ধোবীৰ ফালে চালে। ধোবীৰ মূৰৰ ওপৰেদি কিমান দুখ, নৈৰাশ্যৰ ঢৌ বৈ গৈছে, সেয়া সি নিধেই চুইৰ মুখৰপৰা আগতেই
শুনিছে। আজি কিন্তু ধোবীক অবিবাহিতা ছোৱালীৰ দৰে অনুমান হৈছে। শৈশৱত বিজুলিৰ দৰে
আছিল যাৰ গতি, মুহূৰ্তৰ
ভিতৰতে যাৰ চকুযোৰে চকৰিৰ দৰে ব্ৰহ্মাণ্ড বিচৰণ কৰি আহিছিল, কাষলৈ গৈ ধৰিব খুজিলে যিজনী তীৰবেগে
দৌৰি পলাইছিল, যিজনী
আছিল সদা চঞ্চল, অস্থিৰ
আৰু দুষ্ট, সেইজনী
ধোবী আজি যৌৱনৰ পূৰ্ণ সমাহৰলৈ ৰাতিপুৱাৰ সূৰ্য কিৰণ সানি তাৰ সন্মুখত থিয় দি আছে।
সিদিনাৰ দৰে জিভা দেখুৱাই মুখ ভেঙুচাই পলাই যোৱা নাই। আজি তাইৰ গতি-প্রকৃতি
পাহাৰীয়া নিজৰাৰ দৰে চঞ্চল নহয়।
ধোবী!
যাৰ বাবে প্রতিদিন, প্ৰতিটো মুহূৰ্ত শনেইৰ মন চঞ্চল হৈ উঠিছিল। যিজনী ধোবীয়ে
চকুপানী মচি মগনীয়াৰ জীৱনত প্ৰদীপ শিখা জ্বলাইছিল, মৃত্যুপথ যাত্রী কংকালৰ হাড়ত শক্তি জগাইছিল, সেইজনী ধোবীৰ মায়া শনেই বুজিব
নোৱাৰিলে। যাৰ অমৃত স্পৰ্শত
মৃত্যুৰ আমন্ত্ৰণক উপেক্ষা কৰি শনেই
জীয়াই থাকিবলৈ আকুল হৈ উঠিছিল,
সেইজনী ধোবী তিতা কাপোৰ পিন্ধি তাৰ সন্মুখত থিয় দি আছে।
সুন্দৰ
উজ্জ্বল চকুযুৰিত ভৰি আছে গাম্ভীর্যতা— চলচলীয়া দৃষ্টিত কৰুণাৰ আভা। মাংসল ভৰা গাল। পদুমৰ পাপৰিৰ দৰে দুই
ওঁঠত জাগিছে মৃদু কম্পন। যৌৱন গর্বিত উঠন বুকুৰ কাপোৰ কঁপি কঁপি উঠিছে। অনাবৃত সুডৌল হাত
দুখন অচঞ্চল।
মুহূৰ্তৰ
কাৰণে শনেইয়ে নিজক পাহৰি গ'ল।
ধোবীয়ে
প্রথমে মাত লগালে- কেনে আছা শনেই ককাই ?
শনেই
উত্তৰ দিলে- লোকৰ ভাত-পানী খাই জীয়াই আছোঁ।
ধোবীয়ে
ক’লে- লোকৰ নহয়, তোমাৰ নিজৰ।
ধোবীয়ে
আৰু কিবা ক'ব
খুজিছিল; কিন্তু হাঁহি
মাৰি ধোবীৰ মুখৰ কথা কাঢ়ি নি টিমিয়ে ক’লে- বেচতো গোল-গাল হৈ উঠিছা। এতিয়াও লোকৰ মুখলৈ চাই আছা কিয়? নিজে হাত লগালে ভোকত থাকিব নালাগে, বুজিলা। ককা-বোপাকৰ ভেটিটো পতিত পৰি
আছে। শিৱ মন্দিৰলৈ অহা-যোৱা কৰোঁতে বন-জংঘলেৰে ভৰা ভেটি-বাৰী দেখি বৰ বেয়া লাগে।
শনেই কাই, গছৰ
তলত, লোকৰ কচু তলত
শুইছা কিয়? খুজি-মাগি
আনি আমগছৰ তলত চালি এটি তুলি ল'লে, তাতেই থাকিব পাৰা দেখোন।
শনেই
ক’লে- সেই
মাটি-বাৰীলৈ চালে মনটো যেন হতাশ হৈ উঠে। ভেটিটোলৈ বুলি ভৰি দাঙিলে, ভৰিটো যেন কোনোবাই দাঙিবলৈ নিদিয়ে— অৱশ হৈ যায়। গাঁৱৰ সকলোকে এৰি পলাই
যাবলৈ মন যায়। মনে যিফালে টানিব,
ভৰিও সেই ফালে চলিব। যিসকলক লৈ ঘৰ-সংসাৰ সেইসকল কোন বা ক'ত থাকিল?
টিমিয়ে
ক’লে-কিয়? তোমাৰ ভনীয়েক পুণিতো ধোবী বাইদেউৰ
লগুৱা মধু বাউৰিৰ লগত বিয়া হৈ দূৰ্গাপুৰতে আছে। তায়ে দেখোন সকলোৰে খবৰ ক'ব পাৰিব।
শনেই
ক’লে- এনেকুৱা
হয়তো আৰু বহু খবৰ পাম। তোৰ দৰে আৰু বহুতেই আহি ঠাট্টা-তামচা কৰিব, অপমান কৰিব। কাৰো কথা মই অবিশ্বাস
নকৰোঁ। কাৰো ওপৰত মোৰ খং-অভিমান নাই। ভগবান যাৰ ওপৰত বিৰাগ, ভগবানে যাক দণ্ড দিছে, সি মিছাতে কিয় পৰক দোষিবলৈ যাব? সি জনা-শুনা মানুহৰপৰা আঁতৰত থকাই
উচিত।
ধোবীয়ে
ক’লে- জনা-শুনা
মানুহবোৰে এতিয়া উপহাস কৰিলেও সময়ত সিহঁতৰ ভুল ভাঙিব। সিহঁতেই তেতিয়া ভুল ধৰিব
পাৰি আক্ষেপ কৰিব। শনেই ককাই, তুমি
বলিয়ালিখন এৰা। পড়িৰা বংশৰ বংশ গৌৰৱ লোপ পোৱাটো ভগবানে নিবিচাৰে। তাৰ কাৰণেই হয়তো
তুমি উভতি আহিছা। মোৰ কথা শুনি গাঁৱৰ মাটিতে পৰি থাকা।
শনেই
হাঁহিলে। সতৃষ্ণ নয়নত ধোবীৰ মুখৰ ফালে চাই ক'লে- গাঁৱৰ মাটিত অস্পৃশ্য হৈ পৰি থাকিম ? যিসকলে চুলে মোৰ চুৱা লাগিছিল, আজি মই সিহঁতক চুলে সিহঁতৰ চুৱা লাগিব
? এইবোৰ কেনেকৈ
সহ্য কৰিম, ধোবী
? বেলেগ গাঁৱত, অজানা ঠাইত, অচিনাকি মানুহৰ মাজত থাকি নিজক নীচ
জাতৰ বুলি পৰিচয় দিলেও তেতিয়া কোনো ক্ষতি নহ'ব। জীয়াই থকাৰ কথা, জীয়াই থাকিম।
বিৰক্তি
ঘৃণাত ধোবীৰ নাকৰ পাহি ফুলি উঠিল। তাই টিমিৰ ফালে চাই ক'লে- ব’ল টিমি, যিয়ে
যি বুজে, সি তাকেই কৰক।
আমাৰ নো কি হ'ব?
দুয়ো
গুচি গ'ল। মুহূৰ্তৰ
কাৰণেও কোনেও উভতি নাচালে। কিন্তু শনেই ধোবীৰ অপসৃয়মান দেহৰ ফালে চাই ৰ'ল, এনেকি তাই গছ-গছনিৰ সিপাৰে অদৃশ্য হৈ যোৱাৰ পাছতো চাই থাকিল।
x x x
জিতেই
নায়েকৰ ঘৰ দূৰ্গাপুৰত। জিতেই নায়েকৰ সুবিশাল ঘৰ-বাৰী। মানুহৰ অভাৱত এতিয়া শূন্য
পৰি আছে। জিতেই আৰু নিতেই নায়েকৰ মৃত্যুৰ পাছত চিন্তেই চুইয়ে বিধবা ধোবীক
বিষ্ণুপুৰলৈ লৈ অহাৰ সময়ত নায়েকৰ ঘৰত তলা লগাই আহিছিল। ফলত অন্নসত্ৰ বন্ধ হৈ গ'ল। ভঁৰালৰ ধান পহৰা দিবলৈ
বিষ্ণুপুৰৰপৰা মানুহ পঠোৱা হ'ল। গাড়ীয়ে
গাড়ীয়ে ধান দূৰ্গাপুৰৰ পৰা চিন্তেই চুইৰ
ভঁৰাল লৈ কঢ়িয়াই অনা হ'ল।
ফলত মগনীয়াসকলে পেটৰ দায়ত যিয়ে যিফালে পাৰে পলাই গ'ল। যিসকলৰ শক্তি নাছিল সিহঁত বাটে-ঘাটে
পৰি মৰিল।
জিতেই
নায়েক জীৱিত থাকোঁতে কোনো মানুহক তেওঁ গাঁও এৰি যাবলৈ দিয়া নাছিল। লোকলজ্জাৰ
ভয়ত মানুহবোৰে খুজিবলৈ লাজ কৰিব বুলি তেওঁ নিজে মানুহৰ ঘৰে ঘৰে গৈ অৱস্থাৰ বুজ
লৈছিল। খুজিবলৈ অহাৰ
আগতেই তেওঁ নিজে গৈ মানুহবোৰক ধান-চাউল
দি আহিছিল। ভাবিছিল, প্ৰথমৰপৰা
যদি ধন-সম্পত্তিৰ মোহ ত্যাগ কৰি এই কাৰ্যত ব্ৰতী হ'লহেঁতেন, তেনেহ'লে গাঁৱৰ মানুহবোৰে গাঁও এৰি যাব লগা
নহ'লহেঁতেন। তেওঁৰ
মোহ ভাঙিবলৈ বৰ পলম হ'ল।
শেষ মুহূৰ্তত তেওঁ ভাবিছিল, তেওঁ
যদি ধান-চাউল সাঁচি ৰাখে, মানুহক
নিদি ধন-সম্পত্তি বঢ়োৱাৰ ধান্দাত থাকে, তেনেহ'লে
গাঁৱত মানুহ বুলিবলৈ কোনো প্রাণী নাথাকিব। পূৰ্বপুৰুষৰ কল্যাণতে তেওঁ ইমানবোৰ
ধন-সম্পত্তিৰ মালিক হৈছে, ইমানবোৰ ধন-সম্পত্তি থাকোঁতে তেওঁ মানুহবিলাকক
মৰিবলৈ এৰি দিলে তেওঁৰ পূৰ্বপুৰুষৰ অকল্যাণ হ'ব।
একমাত্ৰ
পুতেকৰ বিয়া দি লক্ষ্মী প্ৰতিমা ঘৰলৈ অনাৰ পাছতহে তেওঁৰ হাত খোল খাইছিল।
মানুহবোৰে ধন্য ধন্য কৰিছিল— প্ৰশংসা
কৰিছিল। ইমান দান-দক্ষিণা কৰাৰ পাছতো লক্ষ্মীৰ ভঁৰাল উদং হোৱা নাছিল। নায়েক বংশ
নাশ হোৱাৰ পাছত দূর্গাপুৰৰ মানুহৰ আপত্তি সত্ত্বেও যেতিয়া বিষ্ণুপুৰলৈ ধান গৈ
থাকিল, দূর্গাপুৰৰ
মগনীয়াবোৰে বেলেগ উপায় নেদেখি বেলেগ গাঁৱৰ অন্নসত্ৰলৈ ঢাপলি মেলিলে। তহচিলদাৰ
হৰি মহান্তি সাক্ষাৎ যম। মূৰত টিকনি, ডিঙিত তুলসীৰ মালা,
কপালত চন্দনৰ ফোঁট ল'লেও
সি কুটিল প্ৰকৃতিৰ মানুহ। দূৰ্গাপুৰৰ ভোকাতুৰ মানুহবোৰে যেতিয়া হাতযোৰ কৰি তাৰ
সন্মুখত থিয় দিয়ে, সি
চিঁ-চিঁয়াই কয়- হেৰা, বোপাসকল
মই কি কৰিম, মোৰ
কি ক্ষমতা আছে ? চাকৰ
মানুহ মই, বিধবাৰ
নিমখ খাইছোঁ, কেনেকৈ
তাইৰ অপকাৰ কৰিম ? তোমালোকে
বাৰু চিন্তেই চুইৰ ওচৰলৈ যোৱাগৈ।
মানুহবোৰে
চিন্তেই চুইৰ ওচৰলৈ গৈও একে মন ভুলোৱা কথাকে শুনি আহিল। নায়েক বংশৰ যিজনী লক্ষ্মী
আছিল, তাই বিছনাত পৰি
আছে দুখ প্ৰকাশ কৰিব কাৰ ওচৰত ?
আটায়ে হতাশ হৈ উভতি আহিল।
হৰি
মহান্তিয়ে কিছু কিছু মানুহক দয়া দেখুৱালে। লোকৰ দুঃখ-কষ্ট সহিব নোৱাৰি সঞ্চিত ধানৰপৰা তাৰ
মতত থকা কিছু মানুহক ধান দি দিলে। খেতি মাটি, ঘৰ-বাৰী বন্ধকত ৰাখি অথবা বগা কাগজত টিপচহী লৈ মাছৰ দামত পৰৰ মাটি
খৰিদ কৰি বিধবাৰ ধান ভোকাতুৰৰ হাতত তুলি দি পুণ্য সঞ্চয় কৰিলে।
ধোবীয়ে
সা-সম্পত্তিৰ খবৰ একো নাজানে। এই বিষয়ে তাই একো ভবাও নাই কোনোদিন। সময়ে সময়ে
কাষলতিত কাগজ-পত্ৰলৈ হৰি মহান্তি বিষ্ণুপুৰলৈ আহে। চিন্তেই চুইয়ে সেইবোৰ দেখি-শুনি
বুজলৈ জীয়েকক মাতি পঠিয়ায়। হৰি মহান্তিয়ে আঙুলিৰে য'ত য'ত চহী কৰিবলৈ নিৰ্দেশ দিয়ে ধোবীয়ে তাতেই চহী কৰি গুচি যায়। তাই
জানে, কাগজত দস্তখতৰ
বলতেই জমিদাৰী চলে। জমিদাৰী চলক বা নচলক তাত তাইৰ কি আহে যায় ? কোনে ভোগ কৰিব এই সম্পত্তি? দুবেলা দুমুঠি খাবলৈ পালেই হ'ল তাই। সম্পত্তি থাকক বা নাথাকক তাকে
লৈ তাইৰ মূৰ কামোৰণি নাই । যিসকলে ইমানবোৰ সম্পত্তি কৰিছিল, যিসকলে এই সম্পত্তি ‘মোৰ মোৰ’ বুলি ভোগ কৰিবলৈ গাঁঠিত বান্ধি ৰাখিছিল, সিহঁত আজি আৰু নাই। আজি যিসকলে ‘মই” হৈ দুখীয়াৰ তেজ শোষণ কৰি, জাল-জালিয়াতি কৰি সম্পত্তি কৰিছে, দুদিনৰ কাৰণে বুকু ফিন্দাই ফুৰিছে, সেইসকল কাইলৈ ক'ত
থাকিব ?
কথাবোৰ
ভাবোঁতেই ধোবীৰ হাঁহি উঠি গ'ল।
হৰি
মহান্তিৰ ওপৰত চিন্তেই চুইৰ অগাধ বিশ্বাস। তাৰ ধাৰণা, মহান্তি সজ্জন লোক, সঁচাৰ বাহিৰে মিছা বুজি নাপায়, অন্যায়ৰ কাষেদি কেতিয়াও নাযায়। তাৰ
কাগজপাতি সকলো সময়তে সঠিক। চিন্তেই চুই এই বিশ্বাসতে নিশ্চিন্ত। হৰি মহান্তিৰ
কাগজপাতি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ তেওঁৰ লাজ লাগে। সংকোচ জাগে। চিন্তেই চুই
কেতিয়াবা দূৰ্গাপুৰলৈ গ'লেও
বাহিৰে বাহিৰে উভতি আহে। ভাবে, সকলো
কাম শৃংখলাৱদ্ধ ভাবেই চলি আছে। চাকৰ-বাকৰ, গাই-বলধ, বাগ-বাগিচা
সকলোতে হৰি মহান্তিৰ চকু। সি সন্তুষ্ট হৈ উভতি আহে।
নিজৰ
ভাগিন নদীয়াক কাম শিকাবলৈ মহান্তিয়ে লগত ৰাখিছে। পোন্ধৰ বছৰীয়া বলিষ্ঠ কিশোৰ।
মোমায়েকৰ দৰেই বুদ্ধিমান, শেষত
গৈ আৰু বুদ্ধিমান হ'ব।
বর্তমান মাথোন তালিমহে লৈছে। শিক্ষা নবিচ। মহান্তি তাৰ ওপৰত সন্তুষ্ট।
গাঁৱৰ
মানুহ দুই এজনকৈ হাড়কেইডাললৈ দূৰ্গাপুৰলৈ উভতি আহিবলৈ ধৰিলে। আত্মীয়-স্বজন
হেৰুৱালেও গাঁৱৰ মাটিৰ লোভ এৰিবপৰা নাই সিহঁতে। হৰি মহান্তিয়ে তাৰ বুদ্ধিৰ জাল
পেলালে। মগনীয়াসকলৰ যি সম্পত্তি আছিল, পিঠিত হাত বুলাই সেইবোৰ লিখি নি জীয়াই থকাৰ বাবে দুখীয়াক খাদ্য
যোগান ধৰিলে। দুখীয়াসকল মানুহৰ শাৰীত থিয় হ'ল। কিন্তু সিহঁতৰ যেতিয়া মোহ ভাঙিল তেতিয়া দেখিলে সিহঁত
সৰ্বস্বান্ত হৈ গৈছে। মূৰ গুজিবলৈ চাল নাই, খেতি কৰিবলৈ মাটি নাই। সিহঁতে চকুত ধুৱলি-কুঁৱলি দেখিবলৈ ধৰিলে।
কি
কৰিব এতিয়া সিহঁতে ? হৰি
মহান্তিক লিখি দিয়া মাটি সিহঁতে জীৱন থাকোঁতে ঘূৰাই ল'ব নোৱাৰিব। কাগজৰ মহত্ত্ব ৰাখিবলৈ আইন
চকু ভ্ৰূকুটি কৰি লাঠি দাঙি ৰৈ আছে। নিজে লাঠি ঘূৰালেও নিজৰ মূৰতে পৰিবহি।
হৰি
মহান্তিৰ আধিয়াৰ খেতিয়ক হৈ কোনো কোনোৱে নিজৰ মাটিত নিজে খেতি কৰি থাকিল। যিসকলৰ
তহবিল শূন্য, যিসকলৰ
আত্মসন্মান আছে, সেই
সকলে ওপজা গাঁৱক নমস্কাৰ কৰি যিফালে মন যায় সেই ফালে গুচি গ'ল। সিহঁতে গাঁৱৰ মানুহৰ মায়া চিৰদিনৰ
কাৰণে ছিন্ন কৰিলে।
যিসকল
আধিয়াৰ খেতিয়ক হৈ পেট পুহিবলৈ ৰৈ থাকিল, সিহঁতৰ পৰিত্ৰাণ ক’ত? শনেই পড়িৰাৰ দৰে সিহঁত অস্পৃশ্য, অজাতি, পতিত। সিহঁতে মাথোন জমিদাৰক কৰহে দিব লগা নহ'ল, এই জীৱনৰ, মাটি-বাৰীৰ
গৰাকী যিসকল, দেহৰ
গৰাকী যি পুৰোহিত, জীৱনৰ
সিপাৰে যিসকলে আত্মাক বাট দেখুৱায়,
সৰগ-নৰকৰ চাবি-কাঠি যিসকলৰ হাতত, ভগবানৰ ধৰ্ম ও কল্যাণৰ চাবি-কাঠি যিসকলৰ হাতত, যুগ-যুগান্তৰ ধৰি যিসকলে আত্মাৰ
উন্নতিৰ কাৰণে আইন ৰচনা কৰিছে আৰু সেই আইন প্রয়োগ কৰাৰ অধিকাৰ যিসকলৰ হাতত আছে, কৰ অবিহনে কিন্তু সিহঁতৰ মন সন্তুষ্ট
নহ'ল, আইনৰ পুথি-পাঁজি আৰু সেইবোৰ পতিতৰ ওপৰত
প্ৰয়োগৰ অধিকাৰ সিহঁতে এৰি নিদিলে।
যিসকল
অস্পৃশ্য, অজাতিয়ে
ব্ৰাহ্মণক ভোজন কৰাবলৈ সন্মত হ'ব, মানুহৰ হাতে গঢ়া দেৱতাৰ আগত ভোগ
আগবঢ়াবলৈ সমৰ্থ হ'ব, ব্রাহ্মণ ভোজন আৰু দক্ষিণাৰ ব্যৱস্থা
কৰি সিহঁতেহে কায়া শুদ্ধ কৰিব পাৰিব, সিহঁতেহে কলংকিত আত্মাৰ কলংক ধুই নিকা হ'ব পাৰিব। ভবিষ্যতে এইবোৰ কৰাৰ আশাত
অজাতি আধিয়াৰ কৃষকসকলে পেটত গামোচা বান্ধি মাটি চহাবলৈ লাগি গ'ল। প্ৰায়শ্চিত্তৰ বাবে ধন আৰ্জিবলৈ মাটিৰ ওপৰত
সিহঁতে দেহৰ ঘাম সৰাবলৈ ধৰিলে।
দুখীয়া
আধিয়াৰ কৃষকসকলে অধঃস্তন ৰায়ত লৈ পৰিণত হৈ পেট প্ৰৱৰ্ত্তাবলৈ ধৰিলে। শিল ভাঙি, তেজ পানী কৰি যিসকলে মাটি-বাৰী কৰিছিল, সিহঁতে আধিয়াৰ খেতিয়ক হৈ নিজৰ
মাটিতেই পুনৰ পৰৰ বাবে দেহৰ তেজ পানী কৰিবলৈ ধৰিলে। অধিক ধনে কম ধনক কাষলৈ টানি
নিলে। অধিক মাটিয়ে কম মাটিক টানি টানি নি নিজৰ দেহৰ লগত যুক্ত কৰিলে। সকলো মাটি যুক্ত
হৈ একাকাৰ হ'ল।
নিজৰাৰ পানী লগলাগি নদী সৃষ্টি হ'ল
আৰু নদী সাগৰৰ লগত মিলি গ'ল।
আধিয়াৰ
খেতিয়ক আৰু অজাতি, অস্পৃশ্য
হ'লেও দেহৰ ভিতৰৰ
জুইকুৰা কিন্তু সিহঁতে নুমাব নোৱাৰিলে। মানুহৰ মঙহৰ লোভ কমাৰ সলনি বাঢ়িহে যাবলৈ
ধৰিলে। সৃজনী শক্তিয়ে ইংগিত দিলে। জৈৱিক ভোকৰ তাড়নাত ধর্ম ও সমাজচ্যুত স্ত্রী-পুৰুষ
একলগ হৈ মিলনৰ আকাংক্ষাত বিশৃংখলভাবে আগুৱাই গ'ল। সৃষ্টিৰ প্ৰেৰণাত ভগবানৰ ভয়, মানুহৰ মনে-গঢ়া নীতি-নিয়ম পিছ পৰি গ'ল। যাৰ লগত যাৰ মন মিলি গ'ল সি তাৰ লগতে ৰৈ গ'ল।
দুৰ্ভগীয়া সমাজ অজাতি, অস্পৃশ্য, পতিত আৰু অন্নসত্ৰত খোৱা মানুহেৰে ভৰি
পৰিল।
পুণিৰ
জীৱনতো তাকেই ঘটিছে। আপোন মানুহপৰা বিচ্ছিন্ন হৈ তাই নিজক জীয়াই ৰাখিছে।
দুৰ্ভিক্ষৰ সময়ত ভিক্ষা মাগি পেট প্ৰৱৰ্ত্তাই বহু আশালৈ তাই নিজ গাঁৱলৈ উভতি
আহিছে। কিমান মানুহৰ ঘৰত তাই আশ্ৰয় ল'ব লগা হৈছে; কিন্তু
তাইক কোনেও বান্ধি ৰাখিবপৰা নাই। বান্ধোন চিঙি তাই নিজৰ ওপজা গাঁৱলৈ উভতি আহিছে।
লোকৰ ঘৰে ঘৰে আশ্ৰয়লৈ ওপজা গাঁৱৰ আকৰ্ষণত তাই উভতি আহিছে। যৌৱনৰ অসহনীয় উত্তেজনা
আয়ত্ব কৰিব নোৱাৰি বহু অপৰিচিত মানুহৰ ওচৰত তাই নিজক বিলাই দি আগলৈ আগুৱাই আহিছে।
বাটত বহু বন্ধু-বান্ধৱ লগ পাইছে;
কিন্তু বাটৰ বন্ধু-বান্ধৱে তাইক বান্ধি ৰাখিবপৰা নাই। ক্ষণিকৰ
উত্তেজনাই ওপজা গাঁৱৰ আকৰ্ষণ ছিন্ন কৰিবপৰা নাই। তাই আগুৱাই আহিছে।
দূর্গাপুৰত—
আন
বহুতো মগনীয়াৰ লগত পুণি দূৰণিৰপৰা নায়েকৰ অন্নসত্ৰত অতিথি হোৱাৰ বাসনাত লৰি
আহিছিল। দূর্গাপুৰলৈ আহি দেখিলে নায়েক নাই— তেওঁৰ অন্নসত্ৰও নাই। তাইৰ লগত অহা বেলেগ মগনীয়াসকল দিশে দিশে গুচি গ'ল; কিন্তু তাই যাব নোৱাৰিলে। দূর্গাপুৰৰপৰা বিষ্ণুপুৰ লৈ তিনি মাইলৰ
বাট। তাই নিজৰ গাঁৱলৈ যোৱাৰ কথা ভাবিলে; কিন্তু তাইৰ সেই আশা পূৰণ নহ'ল। দূর্গাপুৰতে তাইৰ কলেৰা হ'ল।
মৃত্যুৰ অপেক্ষাত তাই বাটৰ দাঁতিত এজোপা গছৰ তলত শুই পৰিল।
সিদিনা
ওৰেটো দিন বৰষুণ দি আছিল। সন্ধিয়া বৰষুণৰ প্ৰকোপ বৃদ্ধি পালে। উদং গাৰে পুণি সকলো
সহ্য কৰি থাকিল। তথাপি তাইৰ মৃত্যু নহ'ল। পেটৰ বিষত তাই ছট্ফটাবলৈ ধৰিলে। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গ'ল। অস্ফুট কণ্ঠত তাই পানী পানী বুলি
চিঞৰিবলৈ ধৰিলে।
পঁচিছ
বছৰৰ যুৱক মধু ভুঁই। তাল পাতৰ ছাতি লৈ সি হৰি মহান্তিৰ হেৰুৱা গাইজনী বিচাৰি
আহিছিল। সাহসী বুলি মধুৱাৰ এটা সুনাম আছিল। ল’ৰালি দিনৰ পৰাই তাক সকলোৱে চোৰ বুলি জানে। চুৰিৰ অপৰাধত সি দুবাৰ
জেলো খাটিছে। দুপৰ ৰাতিৰ অন্ধকাৰতো মধুৱাই নিঃশব্দে লোকৰ নাৰিকল গছত উঠি নাৰিকল
চুৰি কৰি খোৱাৰ অভ্যাস আছে। দাঁতেৰে কামুৰি নাৰিকলৰ বাকলি গুচাই হাতেৰে ভাঙি
নাৰিকলৰ শাহ উলিয়াই খাব পাৰে বুলি তাৰ নাম-ডাক আছে।
গাঁৱৰ
মানুহবোৰে যেতিয়া শ্মশানলৈ যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰে, মধু ভূঁই তেতিয়া অকলেই নির্ভয়ে
শ্মশানলৈ গৈ শ্মশানৰ কাষৰ আম গছত উঠি টোপনি যাব পাৰে। এদিন সি শ্মশানৰ এজোপা আম
গছৰ ফেৰেঙনিত শুই টোপনিয়াই আছিল। এনেতে সি গাহৰিৰ ঘোট্ ঘোট্ শব্দ শুনিবলৈ পালে ।
গছৰপৰা নিঃশব্দে নামি সি এজোপা গছৰ আঁৰলৈ সন্তৰ্পণে আহি গাহৰিৰ মূৰটো ধৰি পেলালে
আৰু গাহৰিটোক শূন্যত ঘূৰাই ঘূৰাই নদীলৈ বুলি খোজ ল'লে। তাৰ পাছত নদীলৈ আহি গাহৰিটোক পানীত জুবুৰিয়া জুবুৰিয়াই কৈছিল-
এতিয়া .... ?
মধুৱা
সাহসী বুলি এনেকুৱা বহুতো প্রবাদ প্রচলিত আছে। ফেটি সাপৰ নেজত ধৰা, আক্রমণোদ্যত ষাঁড়ৰ পিঠিত উঠা, দুকুল ওপচি পৰা নদী অক্লেশে সাঁতুৰি
পাৰ হোৱাকে আদি কৰি বহু প্ৰবাদ আছে তাৰ নামত। দুপৰ ৰাতি ভূত ধৰিবলৈ গৈ শ্মশানত উজাগৰে জাগি
শেষত তেজ শোহা ডাইনী এজনী ধৰি আনি নগুৰ-নাকতি কৰাৰ কথা মানুহে ভয়ে ভয়ে
বখানে।
পুণিৰ
আৰ্তনাদ সেই মধুৱাৰ কৰ্ণগোচৰ হ'ল।
গাই বিচাৰিবলৈ এৰি সি গছৰ গুৰিলৈ আহিল। গছৰ তলত ঘোপ মৰা আন্ধাৰ। সেই আন্ধাৰৰ মাজতে
পুণিৰ বিকৃত মুখমণ্ডল তাৰ দৃষ্টি গোচৰ হ'ল।
মধুৱাৰ
কোনো বিষয়তে ভবা-চিন্তাৰ অৱকাশ নাই। ভাবি সময় নষ্ট কৰিবলৈ তাৰ ধৈৰ্যও নাই। কোনটো
ভাল, কোনটো বেয়া এই
বিষয়েও তাৰ জ্ঞান নাই। মঙলু ঘোষ উচ্চ বংশৰ ল'ৰা। নিতেই নায়েকহঁতৰ বাৰীৰ কলৰ থোক দেখি তাৰ লোভ লাগিল। এয়া সাত
বছৰ আগৰ কথা। মধুৱাক মাতি আনি সি ক’লে-
কল থোক আনিব পাৰিবি নেকি ? খাবলৈ
বৰ ভাল হ'ব। ক্ষমতা
দেখুৱাবলৈ মধুৱা কল চুৰি কৰিবলৈ গ'ল
আৰু ধৰা পৰিল। তাৰ পোন্ধৰ দিনৰ জেল হ’ল।
মঙলুই মিছা মাতি খালাচ পালে। জেলৰপৰা ওলাই আহি এদিন দিন দুপৰতে সি মানুহৰ সন্মুখত
মঙলুৰ মূৰত লাঠিৰে কোব মাৰিলে। পুনৰ গ'ল দুমাহৰ বাবে জেললৈ।
পুণিয়ে
কাতৰ কণ্ঠত ক’লে-
পানী, পানী অকণমান
দিয়া।
মধুৱাই
চৌদিশে দৃষ্টি প্ৰসাৰিত কৰিলে। সি কিহত কৰি পানী আনিব? অলপ আঁতৰতে সি এটা লাওখোলা পৰি থকা
দেখিলে। সেই লাওখোলাৰেই সি পানী আনি পুণিৰ মুখত দিলে। পুণি ঢকঢককৈ পানী খালে। পানী
খাই তাই উঠি বহিল। কিবা কোৱাৰ বাবে তাই সতৃষ্ণ নয়নে মধুৱাৰ মুখলৈ চালে।
মধুৱাই
সুধিলে- ঘৰ ক'ত ?
পুণিয়ে
ক’লে- বিষ্ণুপুৰত
।
মধুৱাই
ক'লে- তোৰ কলেৰা
হৈছে, এতিয়া বহি থাক।
অকণমান ভাল পালেই গুচি যাব পাৰিবি।
মধুৱা
যাবলৈ ওলাল। পুণি উঠিবলৈ গৈ
পুনৰ বহি পৰিল। ক'লে
তাই- কাৰোবাৰ ঘৰত যদি ৰাতিটো কটাব পাৰিলোঁহেঁতেন, ৰাতিপুৱা উঠি.....
মধুৱাই
হাঁহিলে। তীক্ষ্ণ দৃষ্টিত সি পুণিৰ ফালে চালে। ছোৱালীজনী বেয়া নহয়! কিন্তু
বাচিবনে? অৱস্থা কিন্তু
সিমান বেয়া নহয়। জিতেই নায়েক জীয়াই থাকোঁতে এনেকুৱা বহু ৰোগী সি বচাইছে। তাৰ
মনত পৰিল, নায়েকে
যি ঔষধ তাৰ মাকৰ বাবে দিছিল, সেয়া
এতিয়াও তাৰ ঘৰৰ চালত গুজি থোৱা আছে। কেৰাচিনৰ বটলো মদেৰে পূৰ্ণ হৈ আছে। ঘৰলৈ নি
দুগিলাচমান খুৱাই দিলেই, বচ।
যদি জীয়াই থাকে নিজে নিজেই গুচি যাব পাৰিব আৰু যদি মৰে নৈৰ বালিত পেলাই দিলেই হ'ল; গাঁৱৰ শিয়াল কুকুৰে খাব পাৰিব।
ওঁজা
এজনে কোৱা কথা তাৰ মনত পৰিল। কুমাৰী হাড়ৰ কেৰামতলিৰ কথা। কুমাৰী হাড়েৰে স্পৰ্শ
কৰিলে ক'লা ফুল বগা হৈ
যায়, কাঁইটে নাচে, পাতে কথা কয়, মানুহ অন্তৰ্দ্ধান হয়, এটা টকাৰপৰা বহু টকা হয়, পুলি আম গছ এজোপা চাওঁতে চাওঁতে ডাঙৰ
গছ হৈ ফল-ফুল ধৰে। কুমাৰী হাড়ৰে স্পৰ্শ কৰি ‘যা’ বুলি
ক’লে যায় আৰু “আহ” বুলি ক’লে
আহে।
কুমাৰী
হাড় বিচাৰি সি কিমান ৰাতি উজাগৰি জাগি শ্মশানে শ্মশানে ঘূৰি ফুৰিছে, তথাপি পোৱা নাই। কপালৰ বলত কুমাৰী হাড়
নিজে নিজে আহি তাৰ হাতত ধৰা দিব খুজিছে। কুমাৰী হাড় পালে সি চন্দ্র সূর্য একোকে
গণ্য নকৰে। ফু মাৰি উৰাই দিব সি সকলোকে।
মধুৱাই
দাংকোলা কৰি পুণিক ঘৰলৈ লৈ আহিল। কিন্তু মধুৱাৰ কুমাৰী হাড়ৰ সপোন ভাগিল। গাঁৱৰ মানুহবোৰে
জানি গ’ল যে, মধুৱাই গছৰ তলৰপৰা ছোৱালী এজনী আনি ঘৰত
আশ্ৰয় দিছে। হৰি মহান্তিয়ে এই বিষয়ে সুধিলত সি সকলো ঘটনা ভাঙি পাতি ক’লে। মহান্তিয়ে সকলো কথা শুনি মধুৱাক ক’লে- ভাল কামকে কৰিছ, এতিয়া তাইক গুচি যাবলৈ ক’গৈ, যা। বাউৰিসকলে তোক জাতিচ্যুত কৰাৰ কাৰণে আবেদন জনাইছে। তোক সিহঁতে
জাতিচ্যুত কৰিব।
সিদিনা
ৰাতিয়ে মধুৱা ঘৰলৈ আহি পুণিক ক’লে-
হেৰা, তই মোৰ ঘৰৰপৰা
গুচি যা। এটাই মাথোন ঘৰ, মই
ক'ত থাকিম, আৰু তয়ে বা ক’ত থাকিবি? তই মৰি যোৱাই ভাল আছিল।
মধুৱাৰ
মুখলৈ চাই পুণিয়ে হাঁহিলে। তাৰ পাছত লাহে লাহে ক'লে- উচ্চবংশৰ ছোৱালী মই, বাউৰিৰ ঘৰত খালোঁ,
পিলোঁ; এতিয়া
মই যাম ক’লৈ ? তোমাৰ ভৰিৰ তলতে কাপোৰ পাৰি শুই থাকিম।
মধুৱাৰ
খং উঠি গ'ল। পুণিক
চোঁচৰাই আনি সি নাঙল ধৰা হাতেৰে ব্ৰহ্ম থাপৰ মাৰি ক'লে- বদমাচ, খাবলৈ
পিবলৈ কোনে কৈছিল তোক? ওলা
মোৰ ঘৰৰপৰা ৷
কঁপি
কঁপি পুণি মাটিৰ ওপৰত বহি পৰিল। তাইৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে।
চাকিৰ
পোহৰ কঁপি কঁপি জ্বলি আছিল। চৌকাৰ ভিতৰত জল্জল্ কৰি জ্বলি আছিল জুইৰ আঙঠা। পাতিল
ধুই পখালি পৰিষ্কাৰ কৰি শিকিয়াৰ ওপৰত তুলি থৈ দিছে। সিফালে পানীৰ কলহ। থাল দুটা
মাজি-ঘঁহি তাৰ ওচৰতে থৈ দিছে। চিক্চিকীয়া হৈ আছে। এফালে বিছনা। বিছনাৰ ওপৰত
পৰিষ্কাৰ চাদৰ। মূৰৰ তলত দিবলৈ পুৰণি গাৰো দুখন। সকলোবোৰ পুণিয়ে নিজ হাতে কৰিছে।
মধুৱাই
ভাবিলে, এনেকুৱা আৰু
কোনো দিন হোৱা নাছিল। ইচ্ ঘৰটো কেনে পৰিষ্কাৰ হৈ উঠিছে! কেঁচুমটা, কেকোঁৰা, বিছা, বেঙেৰে
ভৰি আছিল ঘৰটো। বৰ্তমান দুপৰ নিশা ঘৰলৈ আহি ৰন্ধা ভাতমুঠি আৰামেৰে খাই পৰিষ্কাৰ
বিছনাত শুই পৰে। ৰাতিপুৱালেহে টোপনি ভাগে। ৰাতিপুৱা পুনৰ ৰন্ধা ভাতমুঠি খাই কামলৈ
বুলি ওলাই যায়।
মধুৱাই
মাথোন পাঁচ সাতদিনহে পুণিৰ আলপৈচান ধৰিছিল। নিজ হাতেৰে গা ধোৱাই, খোৱাই-বোৱাই, ঔষধ-পাতি খোৱাই তাইক শুৱাই দিছিল। ৰাতি
উজাগৰে জাগি তাইৰ কাষত বহি থাকিছিল। পুণি আৰোগ্য হ'ল। মধুৱাক সেৱা-যত্ন কৰিবলৈ ধৰিলে। মধুৱা খাই-বই শুই পৰে আৰু পুণি
তাৰ ভৰি পিটিকি দিয়ে। মধুৱা গভীৰ টোপনিত অসাৰ হৈ পৰিলে, পুণি মধুৱাৰ শিলৰ দৰে কঠিন বহল বুকুৰ
ওপৰত মূৰ থৈ ভয়ে ভয়ে শুই পৰে। মধুৱাই হাতেৰে ঠেলা মাৰি দিয়ে। পুণিয়ে কঁপি কঁপি
আহি মধুৱাৰ ভৰিৰ ওচৰত কাপোৰ পাৰি শুই থাকে।
পুণি
কঁপি কঁপি বহি পৰা দেখি মধুৱা চমকি উঠিল। তাৰ হাতৰ ব্ৰহ্ম থাপৰ খাই ইমান ইমান
গাই-বলধ শুই পৰে আৰু পুণি, ইতো
সাধাৰণ মানুহৰ সন্তান! মধুৱাই তাৰ নিজৰ হাতৰ কেৰামতালি জানে। সেয়ে পুণিৰ কাষলৈ
আহি হাতত ধৰি টানি তুলি কোমল সুৰত ক'লে- তই যি ঘৰৰে সন্তান নহৱ কিয়, যাৰে ছোৱালী নহৱ কিয়,
তই অন্নসত্ৰত খাইছ,
তই মোৰ ঘৰত থাকিলে মোৰ জাত যাব। জ্ঞাতি ভাইসকলে মোক এঘৰীয়া কৰিব।
মোৰ কথা মানি তই গুচি যা। মহান্তিয়ে মোক এই কথাকে কৈছে।
পুণিৰ
চকুৰপৰা লোতক বাগৰিবলৈ ধৰিলে। তাই কান্দি কান্দি ক’লে- মই উচ্চ বংশৰ আবিয়ৈ ছোৱালী, মোৰ কোনো সহায়-সম্বল নাই। মৰিব খুজিও মই মৰিব নোৱাৰিলোঁ। তুমি মোক
বচালা। এতিয়া ঘৰৰপৰা মোক খেদি নিদিবা, মই তোমাৰ ভৰিত ধৰিছোঁ।
পুণি
মধুৱাৰ ভৰিত ধৰিলে ।
মধুৱা
খং কৰি আঁতৰি গ'ল। পাছমুহূৰ্ততে আহি
পুণিৰ হাতত ধৰি চোঁচৰাই টানি থিয় কৰালে। চাকিৰ পোহৰ একেদৰেই কঁপি কঁপি জ্বলি
আছিল। পুণিৰ গালত মধুৱাৰ চাৰিটা আঙুলিৰ স্পষ্ট ছাপ জিলিকি আছিল। অৰ্দ্ধনগ্ন দেহত
যৌৱনৰ লাৱণ্যই ঢৌ খেলি আছিল।
মধুৱাৰ
কঠিন হিয়া কুমলিল।
মধুৱাই
কম্পিত কণ্ঠত ক’লে-
নিলাজী, সিদিনা য’ৰপৰা তোক আনিছিলো, তাতেই আকৌ এৰি থৈ আহিম। নিমখহাৰাম, অন্নসত্ৰত খাইতী.....
মধুৱাই
পুণিৰ দুহাতত ধৰি চোঁচৰাই নিবলৈ ধৰিলে। কঠিন দেহেৰে কোমল দেহক সাৱটি ধৰি ঘৰৰপৰা
বাহিৰলৈ উলিয়াই নিবলৈ যত্নপৰ হ’ল
মধুৱা। কিন্তু কোমল দেহৰ পৰশত তাৰ দুই ভৰি কঁপি উঠিল। ভৰিৰ খুন্দা লাগি চাকিটো নুমাই গ'ল। সাহসী মধুৱাৰ কঠিন হিয়া কুমলি গ'ল। সি দুৱাৰ খুলিব নোৱাৰিলে। ঘৰৰ বাহিৰত
নিৰন্ধ্ৰ আন্ধাৰ। নিৰ্জন নিশা।
মধুৱাৰ
ঘৰৰপৰা পুণি ওলাই নগ'ল।
সিহঁতৰ
সৰু সংসাৰখন সুখ আনন্দৰে পাৰ হৈ আছে। নায়েকৰ কৰ্মচাৰী মহান্তিৰ আদেশত মধুৱাই
ওৰেটো দিন পৰিশ্ৰম কৰে, সন্ধিয়া
ঘৰলৈ উভতি আহে। যি পায় পুণিৰ সন্মুখত পেলাই দি নিশ্চিন্ত হয়। পুণিয়ে
সকলো চম্ভালি ৰাখে। মধুৱাৰ সেৱা-যত্ন কৰে। মধুৱা খাই-বই শুই পৰে। মধুৱা খোৱাৰ
পাছত চুৱা উঠাই যি থাকে তাকে খাই পুণি মধুৱাৰ ভৰিত হাত বুলায়। চাকি নুমাই মধুৱাৰ
বুকুৰ ওপৰত মূৰ থৈ শুই পৰে। দুই দেহৰ পৰশত দুখীয়াৰ পঁজালৈ স্বৰ্গৰ আনন্দধাৰা নামি
আহে।
আত্মাই
আত্মাক চিনি পালে। প্রেম কি বস্তু তাৰ স্পষ্ট ধাৰণা নাথাকিলেও সিহঁতে অনুভৱ কৰে
ইজনৰ বাহিৰে যেন সিজনৰ কোনো সুখ নাই সংসাৰত। এজনক এৰি আনজন থাকিব নোৱাৰিব। ইজনে
সিজনৰ ওপৰত নিৰ্ভৰ কৰিলে ইমান সুখ,
ইমান উত্তেজনা! কোমল স্নিগ্ধ পৰশত দুয়োৰে দেহত শিহৰণ জাগে। এক অজানা
সপোনৰ কল্পনাৰে ভৰি উঠে উভয়ৰ মন,
ঘৰ-সংসাৰ-ভৱিষ্যত।
সমজুৱাই
চকু পকাই ডাবি-ধমকি দিছে। সাহসী মধুৱাই বুকু ফিন্দাই কৈছে- জাতিত ময়ো অন্নসত্ৰত
খাওঁতা। কিমান তিৰোতাই আঙুলি দেখুৱাই ঠাট্টা কৰিছে, ঘৃণা কৰিছে! পুণি সিহঁতৰ ঠাট্টা শুনি হাঁহিছে। কৈছে- ঠিকেইতো, মই সঁচাকৈয়ে অন্নসত্ৰত খাইতী।
পুণি
কেতিয়াওঁ কাৰো ওচৰত তাইৰ পূৰ্বৰ জীৱনৰ কথা নকয়। নিজৰ ঘৰৰ কাম কৰাৰ উপৰিও তাই আন
পাঁচজনৰ ঘৰলৈ গৈ দুই এটা কাম কৰি দিয়ে। নায়েকৰ কাছাৰী ঘৰৰ লেপা-মোছা কৰে, গোহালি পৰিষ্কাৰ কৰে। যিয়ে যি দিয়ে
তাকে মধুৱাৰ সন্মুখত থৈ নিশ্চিন্ত হয়। মধুৱাই তাইক খঙাল চকুৰে চায়। পুণিয়ে হাঁহি
মাৰে। তেতিয়া পুণিক দাংকোলাকৈ দাঙি মধুৱাই কয়- মই থাকোঁতে তই কিয় পৰৰ ঘৰত কাম
কৰিবলৈ যাবি?
পুণিয়ে
মধুৱাক সাৱটি ধৰি কয়- মই থাকোঁতে তুমি যোৱা যে!
মই
এলেহুৱা হৈ ঘৰত বহি থাকিম নেকি ?
তেনেহ'লে মই কিয় বহি থাকিম ?
উভয়ে
একেলগে কৈ উঠে- দুয়ো একেলগে যাম।
নতুন
সংসাৰৰ মায়াত দুই নতুন যাত্ৰীয়ে সকলো পাহৰি যায়। মুহূৰ্তৰ ভিতৰতে দিন-ৰাতি গুচি
যায়। এজনৰ হিয়াত আনজনৰ ভাৱনাই লহৰ তোলে। পৃথিবীখন সুন্দৰ দেখায়, জীৱন অনুভূত হয় মোহ উত্তেজনাৰ উৎসৱৰ
দৰে। অতীত পিছুৱাই যায়, ভবিষ্যত
অনুভূত হয় উজ্জ্বল, সুন্দৰ, মনমোহা ।
পুণিৰ
সুখৰ জীৱনলৈ মেঘৰ দৰে দুখৰ বাৰিধাৰা উৰি আহিল। বিষ্ণুপুৰৰ পৰা চুৰী বিক্ৰী কৰিবলৈ
আহি বুঢ়ী পৰিমায়াই পুণিক চিনিব পাৰিলে। পুণিয়ে বুঢ়ীৰ ওচৰত একো লুকাব নোৱিৰিলে।
পুৰণি পৰিচিত মানুহ পাই পুণি তাইৰ ওচৰত সকলো ঘটনা ভাঙি-পাতি ক’লে। পুণিৰ চকুৰপৰা চকুলো নিগৰিল। তাই
সকলো কথা কৈ গ'ল, একো গোপন নকৰিলে। নিজে কান্দিলে, বুঢ়ীকো কন্দুৱালে।
বুঢ়ীৰ
মুখত পুণি শনেইৰ দুখৰ কথা শুনিলে। শনেইৰ দুখৰ কাহিনী শুনি বুঢ়ীৰ লগত লৰি যাবলৈ মন
গ'ল তাইৰ।
ককায়েকৰ দুখৰ দিনত তাৰ হাতত ধৰি বাট বুলিবলৈ মন গ'ল তাইৰ। কিন্তু শনেই অন্নসত্ৰত খালেও বাউৰিৰ ঘৰততো আশ্ৰয় লোৱা নাই, বাউৰিৰ ৰন্ধা ভাত-পানী খাই দেহ অপবিত্ৰ
কৰা নাই। ভগবানে কৰিলে, শনেই
সময়ত ডাঙৰ মানুহ হ'ব, জাতিৰ লগত মিলি ঘৰ-সংসাৰ কৰিব।
বাউৰিৰ
ঘৰত আশ্ৰয় লৈ পুণিয়ে কেনেকৈ শনেইক মুখ দেখুৱাব ? মানুহে ঘৃণা কৰিব,
ছিঃ ছিঃ কৰিব, ঘৰৰ
ভিতৰলৈও সোমাবলৈ নিদিব। নমৰি তাই বাউৰিৰ ঘৰত আশ্ৰয় লোৱাটো জানো ভাল কাম হৈছে ? ইয়াতকৈ বাটে-ঘাটে পৰি মৰাই জানো ভাল
নাছিল ?
পৰিমায়াক
সাৱটি ধৰি পুণিয়ে খুউব কান্দিলে। পৰিমায়াই তাইক বুজাই-বঢ়াই ক’লে- কান্দিছ কিয়, মাজনী ? কপালত যি ভুগিব লগা আছে, সেয়া ভুগিবই লাগিব। জীয়াই থাকিবলৈ, পেট পুহিবলৈ মানুহে চণ্ডালৰ ঘৰতো আশ্ৰয় লয়। এয়া জানো নতুন কথা?
বুঢ়ী
গুচি গ'ল। পুণিয়ে
মধুৱাৰ ঘৰৰ সন্মুখত থিয় হৈ ভাবিবলৈ ধৰিলে, পেটৰ তাড়নাত বাউৰিৰ ঘৰত আশ্ৰয় লৈ তাই নিশ্চয় ভুল কৰিছে! মধুৱাৰ ঘৰ
এৰি দূৰণিলৈ গুচি যোৱাৰ বাবে তাইৰ ইচ্ছা জাগিল। য'ত তাইক কোনেও চিনি নাপায় তালৈ গৈ তাই কলংকিত জীৱনৰ কাহিনী লুকুৱাই
নতুন জীৱন আৰম্ভ কৰিব। এনেকুৱা কৰিলে অন্ততঃ তাইক কোনেও অস্পৃশ্য বুলিতো নক’ব!
পুণিৰ
মনত অনুতাপ হ'বলৈ
ধৰিলে। মধু ভূঁইৰ ঘৰৰ
ভিতৰলৈ পুনৰ সোমাই যাবলৈ তাইৰ ইচ্ছা নগ'ল। কিন্তু পাছমুহূৰ্ততে তাইৰ মনত কিছু পুৰণি স্মৃতি জাগি উঠিল। যি
মধু ভূঁই ৰাতি উজাগৰে জাগি তাইৰ সেৱা-যত্ন কৰিছে, নিজৰ জীৱন তুচ্ছ কৰি যিয়ে তাইৰ জীৱন ৰক্ষা কৰিছে, তাক এৰি পুণি কেনেকৈ গুচি যাব ? মধুৱাৰ বহল বুকুত মূৰ থৈ শোৱাৰ যি
আনন্দ, তাৰ দুবাহুৰ
বন্ধনত যি উত্তেজনা, যি
শিহৰণ, তাৰ দুই ওঁঠৰ
মায়াত মূৰ্চ্ছা যোৱাৰ যি মায়া,
নিজৰ দেহ এৰি মধুৱাৰ বলিষ্ঠ দেহৰ লগত মিলিত হোৱাৰ যি দুৰ্বাৰ
আকাংক্ষা এইবোৰ পুণি কেনেকৈ পাহৰি যাব ? দুর্ভিক্ষত কিমান মানুহ দিহিঙে-দিপাঙে গুচি গ'ল। পুণি আৰু মধুৱাক সিহঁতৰ দৰে গুচি
যোৱাৰপৰা ৰক্ষা কৰিলে কোনে ? সিহঁত
দুটাৰ জীৱন জোৰা লগালে কোনে?
পুণি
অদৃশ্য ভগবানৰ উদ্দেশ্যে মূৰ দোঁৱাই মধুৱাৰ খোলা গৃহত প্ৰৱেশ কৰিলে।
x x x
শনেইহঁতৰ
বন-জংঘলেৰে ভৰা ভেটিটো পৰিষ্কাৰ হ'ল।
কপালৰ ঘাম সৰাই চাৰিদিন পৰিশ্ৰম কৰাৰ অন্তত ভেটিত তাল-পাতৰ জুপুৰী এটিও থিয় হ’ল। আমগছৰ খুঁটা লগোৱা হ'ল। গাঁৱৰ সিফালে থকা নল, খাগৰিৰে কামি বনোৱা হ'ল। ঘৰৰ চালত ছাউনি দিবলৈ একো নাই। এই সামান্য
বস্তুৰ কাৰণে সি লোকৰ ওচৰত হাত পাতিব নেকি ? মানুহৰ দুই কথা শুনি উভতি আহিব নেকি?
নৈৰ
পাৰৰ বিৰিণাবোৰলৈ তাৰ মনত পৰিল। আনকিবা নাপালে সেইবোৰৰেই সি কাম চলাব লাগিব। তালগছ
দুজোপালৈ তাৰ চকু গ'ল। ভায়েক-ককায়েকৰ
দৰে হাত ধৰা-ধৰি কৰি গছ দুটা ওপৰলৈ উঠাৰ প্ৰতিযোগিতাত ব্যস্ত। শনেই পুলকিত হৈ উঠিল, তাল পাতেৰেই সি ছাউনি দিব।
হাতত
কুঠাৰলৈ সি তালগছৰ গুৰিলৈ আহিল।
সূৰ্য
তেতিয়াও অস্ত যোৱা নাছিল। সূৰ্যৰ কোমল কিৰণে চৌদিশ টৌৱাই আছিল। আজি মকৰ-সংক্রান্তি।
সূৰ্য দেৱতাৰ উত্তৰায়ণৰ দিন। পুহৰ শুক্লা নৱমীত নীলকণ্ঠ মহাদেৱৰ ওচৰলৈ মকৰ যাত্ৰা
আৰম্ভ হয়। ইমান সময়ে মন্দিৰ প্রাঙ্গণত হয়তো বহু মানুহৰ সমাগম হৈছে। ওচৰ-পাঁজৰৰ
দুই চাৰিটা গাঁৱৰ মানুহ একলগ হৈছে। মনোহাৰী আৰু মিঠৈৰ দোকানেৰে মন্দিৰ প্রাঙ্গণ
ভৰি পৰিছে। বেচা-কিনা আৰম্ভ হৈছে। লাহে লাহে মানুহৰ ভিৰ বাঢ়ি আছে। মহাদেৱৰ
পাণ্ডাসকলৰ আজি ৰোজগাৰৰ দিন।
বছৰৰ
ভিতৰত আজিৰ দিনটোৱে আটাইতকৈ সৰু দিন। মকৰ-সংক্ৰান্তিৰ দিনৰ পৰাই দিন ডাঙৰ হ'বলৈ আৰম্ভ কৰে আৰু ৰাতি সৰু হ'বলৈ ধৰে। আজিৰপৰা দেহ কঁপোৱা শীত হ্ৰাস
হৈ আহিব। সূর্য অস্ত যোৱাৰ আগতেই দেহ কঁপি নুঠিব।
বনেই
পড়িৰাৰ এৰাবাৰীৰ আগেদিয়ে মহাদেৱ মন্দিৰলৈ যোৱা বাট। সেই বাটেৰে যিসকল মানুহ গৈছে
আটায়ে শনেইৰ বাঁহ কটাৰ ঠক্ ঠক্ শব্দ শুনি গৈছে। যাৰ ওপৰত ভৰ দি ওপৰলৈ উঠা হয়, প্রথম কোবটো কিন্তু তাৰ ওপৰতে পৰে। তলৰ
মহলাৰ মানুহবোৰে নীৰৱে নিঃশব্দে মাৰ খাই বিনা অভিযোগত, বিনা আপত্তিত তললৈ দোঁ খাই পৰে।
তেনেকুৱা
মাৰে খাইছে শনেই ।
দুখীয়া
মজদুৰৰ যি তেজ চিন্তেই চুই ধন আকাৰে সঞ্চিত কৰি ৰাখিছিল, সেই তেজকেই আঁজলিয়ে আঁজলিয়ে দি মজদুৰ
বনেই পড়িৰাৰ জীৱন, হাতে-গঢ়া
মাটি কাঢ়ি লৈছে। বনেই পড়িৰাই উদং গাৰে ঘৰ বান্ধি ধন-সম্পত্তি বঢ়াবলৈ দেহৰ ঘাম
নিগৰাইছিল। সেই ঘাম সৰোৱা ধন কাঢ়ি লৈছে চিন্তেই চুই সামান্য কেই সেৰমান ধানৰ
বিনিময়ত।
ধোবী
শনেইৰ ফালে চালে। কাঠৰ ওপৰত শনেইৰ ঠক্ ঠক্ দাৰ কোব পৰিছে।
শনেই
ঘৰ বান্ধিব কিয়? সুখত
থাকিবলৈ ? দেহৰ
তেজ ঢালি সি ধন-সম্পত্তি আর্জিব ?
লোকৰ তেজ শোষণ কৰিব,
ধনী হ'ব, বংশৰ মৰ্যদা বঢ়াব। ঢল নামিলে, ধুমুহা আহিলে সি পুনৰ ওপৰৰপৰা তললৈ সৰি
পৰিব? পুনৰ ঢল নামিব।
ধোবী
মন্দিৰলৈ যোৱা বাটত শনেইৰ ঘৰৰ সন্মুখ পাওঁতে কুঠাৰৰ ঠক্ ঠক্ শব্দ শুনিলে। তাই থমকি
ৰৈ গ'ল। হাতত থকা
ভোগৰ কাঁহীখন কঁপি উঠিল। তাই নিমিষতে চৌদিশে চাই পঠিয়ালে। আশে-পাশে কোনো নাই। কেওফালে চাই চাই তাই
তালগছৰ গুৰিলৈ আহিল। মাতিলে তাই- শনেই ককাই, গছৰপৰা নামি আহা।
ধোবীৰ
মাত শনেইৰ কাণত পৰিল। সি তললৈ চাই পঠিয়ালে। ধোবীক দেখি সি আশ্চর্য হ’ল। দাখন কঁকালত গুজি সি গছৰপৰা নামি
আহি ধোবীৰ সন্মুখত থিয় হ'ল।
ভাগৰ লগাৰ ফলত শনেই ঘন ঘনকৈ উশাহ-নিশাহ লৈ আছিল। তাৰ মাংসল বুকুখন উঠা-নমা কৰি আছিল, নাকৰ পাহি ফুলি ফুলি উঠি আছিল। তাৰ
নাকৰ তলত থকা সুন্দৰ গোঁফকোঁচা,
মূৰৰ দীঘল কেঁকোৰা চুলি ৰেচমৰ দৰে প্ৰতীয়মান হৈ আছিল। সৰ্বাংগৰপৰা
ঘাম নিগৰি আছিল। কাঁইটৰ আঁচোৰ লাগি ভৰিৰ এঠাইত ফুটা হৈছিল আৰু তাৰপৰা তেজ নিগৰি
মাটি তিয়াই আছিল। শৰীৰৰ ঠায়ে ঠায়ে বোকা মাটি লাগি আছিল।
ধোবীয়ে
ক’লে- আজি মকৰ
সংক্ৰান্তি। মহাদেৱ মন্দিৰ
প্রাঙ্গণত মেলা বহিছে। তুমি মেলালৈ নোযোৱা নেকি, ককাইদেউ ? ওৰেটো
বছৰেইতো কাম কৰিব লাগিব, আজিৰ
দিনটো নকৰিলে জানো নচলিব?
কপালৰ
ঘাম মচি শনেইয়ে ক'লে-
অজাতি, অস্পৃশ্যৰ
মন্দিৰলৈ যোৱা নিষেধ, ধোবী।
ঘৰটো আধৰুৱা হৈ আছে, মহাদেৱেতো
ঘৰ সাজি নিদিয়ে!
ধোবীয়ে
ক’লে- ভগবানে নিজে
একো নকৰে, ককাই।
মানুহে যি কৰে, সেয়া
ভগবানৰ ইচ্ছাত কৰে। মানুহৰ ভাল-বেয়া যি হয়, সেয়াও ভগবানৰ ইচ্ছাতে হয়। বাৰু, এইবোৰ কথা এৰা। মই সুধিছোঁ, তোমাৰ নিজৰ মাটি আৰু ধান থাকোঁতে তুমি ইমান হতাশ হৈছা কিয় ? বনেই পড়িৰা যিদিনা আত্মীয়-পৰিজনৰ
হাতত ধৰি তিনি বিঘা মাটি বন্ধকত থৈ দেউতাৰপৰা ধান নিবলৈ আহিছিল, ধান নাই বুলি কৈ সিদিনা দেউতাই ধান
নিদিয়াত সি হতাশ হৈ উভতি গৈছিল। তাৰ পাছত তোমালোক আটায়ে গুচি গ’লা। মাটি তিনি বিঘা নিশ্চয় তোমালোকে
লগতলৈ যোৱা নাছিলা। সেই মাটি ক’লৈ
গ'ল।
কৃতজ্ঞতাত
শনেইৰ চকুপানী ওলাল। সি ধোবীৰ মুখলৈ নিৰ্নিমেষ দৃষ্টিত চাই ৰ'ল। চিন্তেই চুইৰ জীয়েক ধোবীৰ ইমান সহানুভূতি, ইমান উদাৰতা ? পৰৰ কাৰণে তাই ইমান ভাবে? চকুৰ আগত থিয় হৈ আছে সেই দেৱী
প্ৰতিমা। সোণ বৰণীয়া উজ্জ্বল দেহত নীলা শাৰীখনে বাৰুকৈয়ে শুৱাইছে। পিঠিৰ ওপৰত
কিচকিচিয়া ক’লা
চুলি ওলমি আছে। তেজোদীপ্ত উজ্জ্বল চকুযুৰি। হাতত দুপাটি সোণৰ চুৰীৰ বাহিৰে দেহত
বেলেগ কোনো অলংকাৰ নাই। হাতত দেৱতাৰ ভোগৰ কাঁহী। পূজাৰিণী বেশ।
নিষ্ঠুৰ
মানুহৰ মাজত ঘৰ বান্ধি থকা অসম্ভৱ যদিও এই ধোবীৰ কাৰণেই সি ক'লৈকো যাব নোৱাৰে।
ধোবী
আহিছে। শনেই তাইৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। মাথোন তাইৰ মুখলৈ একেথৰে চাই থাকিল।
ধোবী
হাঁহো হাঁহো মুখেৰে ক'লে-
তেনেকৈ কি চাই আছা? যোৱা, পহৰাজৰ ওচৰলৈ গৈ ধান খোজাগৈ। সি যদি
নিদিয়ে দেউতাৰ ওচৰত আবেদন কৰিবা,
তাৰ পাছত দেখা যাব।
শনেইৰ
মূৰৰ পৰা ভৰিলৈ লক্ষ্য কৰি ধোবীয়ে পুনৰ কোমল সুৰত সুধিলে- ককাইদেউ, তুমি এতিয়া ক'ত কেনেকৈ খোৱা-বোৱা কৰিছা ?
শনেইয়ে
হাঁহি মাৰি ক'লে-
দুৰ্ভিক্ষৰ সময়ত জীৱন বচাই উভতি অহা মানুহৰ কাৰণে খোৱা-বোৱাৰ অভাৱ নহয়, ধোবী। পৃথিবীখন ঘাঁহ-বনেৰে পূৰ্ণ হৈ
আছে। ভেটিৰ বন আৰু গছৰ
আম-জাম খায়ে জীয়াই আছোঁ।
এটা
বস্তু দিম ল’বা ?
আশ্চৰ্যচকিত
হৈ শনেইয়ে সুধিলে- কি বস্তু?
ধোবীয়ে
আগ্ৰহেৰে ক'লে-
ল'ৰালি দিনৰ কথা
মনত পৰেনে ককাইদেউ ? গছত
উঠি কিমান জাম, পকা
পকা আম পাৰি দিছিলা। গাঁৱৰ বন-জংঘলত কিমান পকা পকা লেতেকু, পনিয়াল। কাঁইটৰ মাজত সোমাই দেহ
ক্ষত-বিক্ষত কৰি সেইবোৰ পাৰি আনি মোক খাবলৈ দিছিলা। মনত আছেনে ককাইদেউ, যিদিনা সাপ এটা মোৰ ভৰিৰ ওপৰেদি পাৰ হৈ
গৈছিল আৰু তুমি মোক ঠেলা মাৰি দি সাপৰ কামোৰৰপৰা মোক বচাইছিলা ? মহাদেৱ মন্দিৰৰ পুখুৰীৰপৰা মোৰ বাবে
ভেটফুল চিঙি আনিবলৈ গৈ সেইযে তোমাৰ গাত চাৰিটা জোক লাগিছিল!
সকলো
মনত আছে, ধোবী!
সমনীয়া
ল'ৰা-ছোৱালীবোৰ
কোন যে ক'ত থাকিল! ধোবীৰ
চকু চলচলীয়া হৈ উঠিল। খন্তেক ৰৈ তাই পুনৰ ক'লে- লগৰ ল'ৰা-ছোৱালীবোৰ
কোন কলৈ গ'ল!
খাবলৈ নাপাই হয়তো সিহঁতৰ বহুতেই বাটে-ঘাটে পৰি মৰিছে। তুমি অকলে অজাতি অস্পৃশ্য
হৈ উভতি আহিছা। মোৰ খাবলৈ-পিবলৈ অভাৱ নাছিল তথাপি নিজৰ ঘৰখনলৈ উভতি আহিব লগা
হৈছোঁ। ময়ো ভিন জাতি হৈ গৈছোঁ,
ককাইদেউ, ময়ো
অস্পৃশ্য হৈ গৈছোঁ! সকলোৱে কয়,
মই ধনী। কিমান মাটি,
গাই-বলধ, চাকৰ-বাকৰৰ
গৰাকী মই। মই জানো, মই
উপলব্ধি কৰোঁ, তথাপি
মই দুখীয়া, তথাপি
মই সহায়-সম্বল হীনা, অকলশৰীয়া।
ধোবীৰ
দুচকুৰপৰা চকুলো নিগৰিবলৈ ধৰিলে।
শনেই
আশ্চর্যচকিতভাৱে ধোবীৰ মুখলৈ চাই থাকিল।তাৰ মুখৰপৰা শব্দ নুলাল৷
ধোবীয়ে
চকুলো মচি ক’লে-
তোমাৰ ওচৰত মই বহু কথাত ধৰুৱা হৈ আছো, ককাইদেউ। এতিয়া সেইবোৰ পৰিশোধ কৰাৰ সময় আহিছে। তুমি সেয়া গ্ৰহণ কৰিব লাগিব ।
ধোবীয়ে
ভোগৰ কাঁহীখন তলত নমাই থ'লে।
কঁকালত গুজি ৰখা সৰু টোপোলা এটা বাহিৰ কৰি মুহূৰ্তৰ বাবেও অপেক্ষা নকৰি শনেইৰ এখন
হাত টানি আনি টোপোলাটো তাৰ হাতত গুজি দিলে। তাৰ পাছত শনেইৰ হাতখন দুহাতেৰে মুঠা
মাৰি ধৰি ক'লে-
মোৰ বাবেই আজি তোমাৰ এই অৱস্থা,
ককাইদেউ। দেউতাই যদি বিয়াৰ প্ৰস্তাৱ নপঠিয়ালেহেঁতেন, তোমাৰ দেউতাৰাই যদি দেউতাক অপমানজনক কথা নক'লেহেঁতেন, তেনেহ'লে তোমালোকে গাঁও এৰি যাব লগা নহ'লহেঁতেন। শাক-মাছৰ দামত তোমালোকৰ সোণ ওপজোৱা মাটি কিনি দেউতাই আজি
তোমালোকক বাটৰ ভিকহু নকৰিলেহেঁতেন। সকলোকে হেৰুৱাই তুমি আজি অকলে উভতি আহিব লগা নহ'লহেঁতেন। শনেই ককাই, আজি তোমাক মই যি দিলোঁ, সেয়া দেউতাৰ সম্পত্তি নহয়। এয়া মই
স্বামী, শহুৰৰ জীৱনৰ
বিনিময়ত পাইছোঁ। তুমি জাতত উঠা, তুমি
ঘৰ বনোৱা, বিয়া-বাৰু
কৰাই সংসাৰ পাতি সুখত থাকা। পড়িৰা বংশৰ নাম পুনৰ সকলোকে জানিবলৈ দিয়া।
ধোবীয়ে
শনেইৰ হাত এৰি দিলে। তাইৰ দুগালেৰে লোতক নিগৰি পৰিবলৈ ধৰিলে। তাই পুনৰ ক'লে- দেউতাৰ আক্রোশৰ পৰা গাধেই ৰাউত আৰু
কঁইয়ো ৰক্ষা পোৱা নাই। পেটৰ তাড়নাত আমাৰ দুৱাৰলৈ গৈ সিহঁতো গাঁও এৰি যাব লগা
হৈছে। সকলোৰে অভিশাপ
মোৰ মূৰত বৰষিছে ককাইদেউ। তথাপি মোৰ আক্ষেপ নাই। সকলোৰে অকল্যাণ মোৰ মূৰত বৰ্ষিত হৈয়ো আটায়ে উভতি আহক, সুখেৰে ঘৰ-সংসাৰ কৰক।
শনেই
কোনো উত্তৰ দিয়াৰ আগতেই ধোবী গুচি গ'ল। ভোগৰ কাঁহীখন আগৰ দৰেই শনেইৰ সন্মুখত পৰি থাকিল।
ধোবী
জোপোহানিৰ আঁৰত অদৃশ্য হৈ যোৱাৰ পাছতো শনেই বিহ্বল নয়নত ধোবীৰ গন্তব্য পথৰ ফালে
চাই থাকিল। তাৰ চকুৰ আগত
সুন্দৰী ধোবীৰ আঁচলৰ প্ৰান্ত ভাহি উঠিল। প্ৰথম যৌৱনৰ নানা সপোন তাৰ চৌদিশে খেলা
কৰিবলৈ ধৰিলে। মনৰ অতল গভীৰত অনুষ্ঠিত হ'বলৈ ধৰিলে কল্পনাৰ উৎসৱ।
সদা
ৰহস্যময়ী এই নাৰী! অবুজ তাৰ হাঁহি-কান্দোন। কল্পনাৰ অতীত তাৰ আচৰণ।
শনেই
অবাক হৈ গ'ল ।
সি
নির্বোধ শিশুৰ দৰে চাৰিওফালে দৃষ্টি বুলাবলৈ ধৰিলে। যেন বিচাৰিছে, শূন্যৰ সংকেত, অশৰীৰি বাণী, ৰহস্যময়ী নাৰীৰ প্ৰতিটো ভাব-ভংগী, কথা আৰু কাৰ্যৰ অৰ্থ। ধুমুহাৰ দৰে তাইৰ আগমন, বিদ্যুতৰ দৰে তাইৰ হাঁহিৰ জিলিকনি। শনেইৰ দেহ অৱশ হৈ পৰিল। ধোবীৰ
বিকশিত ৰূপশ্ৰীয়ে জোনাকৰ পোহৰৰ দৰে মুহূৰ্তৰ ভিতৰতে শনেইৰ হৃদয়ৰ আন্ধাৰ আঁতৰাই
তাৰ হৃদয় পোহৰাই তুলিলে।
নির্জন, নিঃসংগ নিশা ধোবীয়ে তাক মৃত্যুৰ
মুখৰপৰা উভতাই আনিছিল। জীয়াই থাকিবলৈ প্ৰেৰণা দিছিল। সি যেতিয়া গাঁৱৰপৰা গুচি
যাবলৈ স্থিৰ কৰিছিল, এই
ধোবীয়ে দেৱীমূৰ্ত্তিৰ দৰে আহি তাৰ সন্মুখত থিয় দিছিল। তাইৰ কোমল দেহৰ প্ৰতিটো
অংগৰপৰা প্রথম আলোক ৰশ্মি সৰি পৰিছিল। স্নিগ্ধ আভাৰে ৰঞ্জিত হৈছিল তাইৰ মুখশ্রী।
তাই বহু কথাই কৈছিল, বহু
বুজনি দিছিল। তথাপি শনেইৰ অস্থিৰ মন স্থিৰ কৰিবপৰা নাছিল ।
ধোবীৰ
অভিমান ভৰা কথা আৰু মমতা মিহলি অভিযোগে শনেইক বান্ধি পেলালে। আজি সন্ধিয়াৰ
অস্পষ্ট ছাঁত ধোবীৰ আদৰ-স্নেহ, তাইৰ
প্ৰতিটো কথাৰ দৃঢ়তা, শনেইৰ
মনত নতুন আশাৰ বীজ সিঁচি গ'ল।
শনেইৰ চকুত ভেল্কি লাগিল।
শনেই
ধোবীয়ে দিয়া টোপলাটো খুলি চালে। পাঁচ টকা আৰু পঁচিশটা সোণৰ মোহৰ আছিল টোপোলাটোত৷
দৌৰি গৈ টকা আৰু মোহৰ কেইটা উভতাই দিবলৈ ইচ্ছা গ’ল তাৰ।সি কিয় ধোবীৰ ওচৰত ধৰুৱা হৈ থাকিব? চিন্তেই চুই যি কৰিছে, তাৰ বাবেতো ধোবী দায়ী নহয়!
চিন্তেই
চুয়ে বা দায়ী হ’বলৈ
যাব কিয় ? যিদিনা
পহৰাজ বিয়াৰ সম্বন্ধলৈ আহিছিল,
দেউতাকে সিদিনা উচ্চবংশৰ গৰ্ব দেখুৱাই চিন্তেই চুইক অপমান কৰিছিল।
চিন্তেই চুইৰ পাল পৰিল। তেওঁ তাক ধনৰ মহত্ত্ব ও কেৰামতালি দেখুৱালে। পড়িৰা বংশ
আছিল উচ্চবংশৰ গৌৰৱত গর্বিত। জাতিৰ গৰ্ব, বংশ মর্যদাৰ গৰিমাত বনেই পড়িৰা তললৈ চোৱা নাছিল। ধন ও ধানৰ শক্তিত
চিন্তেই চুই পড়িৰা বংশৰ ফালে আঁৰ চকুৰেও উভতি চোৱা নাছিল। অহমিকাৰ লগত অহমিকাৰ
সংঘৰ্ষ হ'ল আৰু যিজন
শক্তিশালী তাৰেই জয় হ'ল।
চিন্তেই
চুই বা ধোবীৰ দোষ ক’ত? দোষ মানুহৰ অহংকাৰৰ। কোনোবাই কৰে ধনৰ
গৌৰৱ, কোনোবাই কৰে
ধৰ্মৰ, কোনোবাই কৰে
জাতিৰ, বিদ্যাৰ, বুদ্ধিৰ, জ্ঞানৰ গৌৰৱ। কোনোবাই কৰে শক্তিৰ গৌৰৱ, আকৌ কোনোবাই কৰে ৰূপৰ গৌৰৱ। সকলো মানুহ ভিন্ ভিন্ ৰুচিৰ- সকলোৰে
স্বতন্ত্ৰতা আছে। স্বতন্ত্ৰতা অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে। সংসাৰ বিৰাগী
সন্ন্যাসীৰহে মাথোন গৰ্ব নাই- গৌৰৱ নাই। তথাপি নাহিত্বই সিহঁতৰ স্বতন্ত্ৰতা।
চিন্তেই
চুইৰ দোষ কি ?
ধর্ম
যদি নাথাকিলহেঁতেন, জাতি
যদি নাথাকিলহেঁতেন, যদি
নাথাকিলহেঁতেন নিজস্ব অধিকাৰ, পৃথিবীত
যি আছে সেইবোৰ যদি সকলোৰে বাবে হ'লহেঁতেন, তেনেহ'লে পৃথিবীৰ বুকুৰপৰা সুখ, দুখ নোহোৱা হৈ গ'লহেঁতেন।
অস্পৃশ্য, জাতিহীন, ধনহীন বুলি শনেই মূৰ নত কৰি থাকিব লগা
নহ'লহেঁতেন। বিধবা
বুলি ধোবীয়ে নিজক অসহয়া বুলি চকুপানী টুকিব লগা নহ'লহেঁতেন। ভাগ্যক ধিয়াই মানুহে ধনীৰ ভৰিৰ তলত মূৰ্চ্ছা যাব লগা নহ'লহেঁতেন।
নিশ্চল
জলৰাশিৰ দৰে মানুহৰ সমাজ হ'লহেঁতেন
স্থিৰ, অচঞ্চল, জড়, নিৰ্জীৱ, হিল্লোলহীন, সুখ-দুখ, আশা-দুৰাশা, উত্থান-পতন
নাথাকিলহেঁতেন। উভতি আহিলহেঁতেন জীৱনৰ মূৰ্চ্ছনা। সকলোৱে সকলোৰে বাবে, আকৌ কোনো কাৰো বাবে নহ'লহেঁতেন, সকলোৰে বাবে থাকিও কোনেও কাৰো বাবে নাথাকিলহেঁতেন।
শনেই
যাব নোৱাৰিলে। ধোবীৰ কথাকেইষাৰে সপোনৰ দৈৱবাণীৰ দৰে শনেইৰ মনত তোলপাৰ লগালে। সি জাতত উঠিব, ঘৰ সাজিব, পুনৰ পড়িৰা বংশৰ নাম উজলাব। ঘৰ-সংসাৰ
কৰিব।
ধোবীৰ
হাতৰ পৰশত আছিল অনাবিল উত্তেজনা। ক’বলৈ
গৈয়ো থমকি ৰৈ গৈছিল তাইৰ কথাবোৰ,
তাইৰ দেহলতা আছিল বিকম্পিত। কথাত নাছিল উত্তেজনা। শনেইৰ মুখলৈ চাবলৈ
গৈয়ো তলমূৰ হৈ আছিল তাই।
শনেইৰ
চকুৰ আগত স্বপ্নময় ভৱিষ্যত কুহেলিকাৰ দৰে থিয় হ'ল। সোণালী আশাৰ স্বৰ্ণালী জালে ঘেৰি ধৰিলে তাৰ চাৰিওফালে। তাৰ মনে
গাই উঠিল, সি
জাতত উঠিব, ঘৰ
বান্ধিব, পড়িৰা বংশৰ নাম
উজলাব।
শনেই
জাতত উঠিল।
পূৰ্বপুৰুষৰ
এৰাবাৰী, য'ত শনেই জুপুৰীটো সাজিছিল তাৰ সন্মুখতে
মণ্ডপ সজা হ’ল।
সিদিনা আছিল শুক্লা পঞ্চমী, সৰস্বতী
পূজা।
ব্ৰাহ্মণ
পুৰোহিত আহিল।পহৰাজৰ পৰামৰ্শ অনুসৰি প্ৰায়শ্চিত্তৰ সকলো আয়োজন কৰা হ'ল। গাঁৱৰ সকলো মন্দিৰতে ভোগৰ ব্যৱস্থা
আৰু দেৱতাৰ পূজা-অৰ্চনা কৰা হ'ল।
বাদ্যযন্ৰৰ শব্দত গাঁও তোলপাৰ হ'ল।
পূজা-অৰ্চনাৰ পাছত পুৰোহিত ভোজন। চিন্তেই চুইৰ আদেশত পহৰাজে সকলো দেখা-শুনা কৰি
আছে। গাঁৱৰ সকলো পৰামৰ্শ দাতাই বিধি-বিধানৰ কথা কৈ আছে, এপইচাৰ ঠাইত চাৰি পইচা খৰচৰ ব্যৱস্থা
কৰি আছে।
ৰাতি
গাঁৱৰ মানুহে মণ্ডপত ভোজ-ভাত খালে। সকলোৰে মনত মাথোন এটাই প্রশ্ন জাগিছে- দুখীয়া
শনেই ইমান টকা পালে ক’ত? যিয়ে যি কৰিবলৈ কৈছে তাকেই কৰিছে।
কোনো কুণ্ঠিত ভাব নাই। খৰচ কৰিবলৈ পিছহোঁহকা নাই। ব্রাহ্মণসকলক দক্ষিণাও দিলে
ভালেখিনি। বহুতে বহু কথা ক’লে।
কিছুমানে সাহস গোটাই এই বিষয়ে সুধিলেও। আটাইকে শনেই মাথোন এষাৰ কথাই ক’লে- মই কাৰো বস্তু চুৰি কৰা নাই ৷
মানুহবোৰে ক'লে-
মাটি খান্দোতে শনেই ভেটিত পুতি থোৱা পুৰণি ধন পাইছে, সাত পুৰুষৰ ভেটিতো!
নিধেই
চুই সিহঁতৰ লগত একমত হৈ ক’লে-
বেছি একো পোৱা নাই, কেইটামান
সোণৰ মোহৰহে পাইছে। জহুৰীৰ ওচৰত বিক্ৰী কৰি টকা আনিছে, যেতিয়া যি প্রয়োজন হৈছে। কেতিয়াবা
কোনোবাই টকাৰ বিষয়ে সুধিলে সি মাথোন কয়- কাৰো বস্তু মই চুৰি কৰা নাই।
শনেই
জাতত উঠিল। মনে মনে সি গর্ব অনুভৱ কৰিবলৈ ধৰিলে। সি আজি সমাজৰ লগত মিলিছে, অস্পৃশ্য, অজাতি বুলি কোনেও আৰু এতিয়া তাক ঘিণ
কৰিব নোৱাৰিব। কোনেও তাক ঘৰত সোমাবলৈ নিষেধ কৰিব নোৱাৰিব।
শনেই
জাতত উঠিল।
পেটৰ
তাড়নাত যিমান অখাদ্য খাই সি তাৰ দেহ অপবিত্ৰ কৰিছিল, পঞ্চামৃত পানীয়ে সকলো অপবিত্রতা ধুই
নিকা কৰিলে। মূৰ দোঁৱাই আজি সি সমাজৰ লগত মিলিছে। এতিয়াৰপৰা সি দেৱতাৰ মন্দিৰত প্ৰৱেশ কৰিব
পাৰিব, স্পৃশ্য জাতিৰ
লগত একেলগে বহিব পাৰিব, তাৰ
হাতৰ পানী সকলোৱে খাব পাৰিব। যিসকল অস্পৃশ্য জাত-পাতহীন সিহঁতৰপৰা এতিয়া সি আঁতৰত
থাকিব লাগিব।
সি
দূৰণি দেশৰপৰা অহা ওচৰ-চুবৰীয়াৰ দৰে সকলোৰে ঘৰলৈ গ'ল। আজি সি নতুন জনম পাইছে। সকলোৰে ওপৰত আজি তাৰ অধিকাৰ ৷
সকলোৱে
তাক আদৰিলে, হাঁহি
মাতি কথা ক’লে।
সকলোৱে তাৰ সুখ-দুখৰ খবৰ ল'লে।
শনেইৰ বৰ ভাল লাগিল। সি বুকু ফিন্দাই ঘৰলৈ উভতিল।
ঘৰ!
আমগছৰ
খুঁটাৰ জুপুৰি। ভিতৰত সোমালে মূৰত চাল স্পৰ্শ কৰে। চালৰ ওপৰত তালপাত। এইটো ঘৰত সি
থাকিব।
তাৰ
লাজ লাগিল। কঁকালৰ টোপোলাটো লিৰিকি-বিদাৰি চালে। আৰু অলপ আছে। ভাল ঘৰ এটা সাজিব
পাৰিব। মূৰ গুজিবলৈ ঠাই হ’লে
পেটৰ কাৰণে সি মজুৰি কৰিব পাৰিব।
শনেই
ঘৰ সাজিলে। দুচলীয়া টিনপাতৰ ঘৰ। সন্মুখত কুঁৱা। ভেটিৰ চাৰিওফালে বেৰ দিলে। পড়িৰা
বংশৰ এৰাবাৰীয়ে ঘৰৰ মুখ দেখিলে। মানুহবোৰে ঘৰ দেখি দীর্ঘনিশ্বাস এৰিলে। শনেইয়ে
পুতি থোৱা অনামী ধন পাইছে, সৰহ
দিন নাই, এনেকুৱা ধন
জোৱাৰৰ পানীৰ দৰে আহে আৰু গুচি যায়, ঘাম সৰোৱা ধন নহয়তো!
ঘৰৰ
সন্মুখত থিয় হৈ শনেই ঘৰৰ ফালে চাই তৃপ্তিৰ নিশ্বাস পেলালে। ধাৰণা হ'ল, যেন ধোবী ঘৰৰ ভিতৰৰপৰা হাঁহি হাঁহি
ওলাই আহিছে। কিন্তু ক’ত
ধোবী ? মকৰ সংক্ৰান্তিৰ
দিনা তাইৰ লগত দেখা হৈছিল। এই কেইদিনৰ ভিতৰত তাৰ ইমানখিনি পৰিৱৰ্ত্তন হ'ল; কিন্তু ধোবীৰ লগত তাৰ দেখা-সাক্ষাৎ হোৱা নাই। ধোবীৰ দেখা পাবলৈ তাৰ মন উচ্পিচাই আছে। কিন্তু
দেখা কৰিবলৈ সাহস গোটাবপৰা নাই। দিন মজুৰ শনেই কেনেকৈ লাখপতি চিন্তেই চুইৰ জীয়েক, লাখপতি জিতেই নায়েকৰ বোৱাৰীৰ লগত দেখা
কৰিব !
ধোবীয়ে
কিয় ইমান মায়া লগালে ? কিয়
তাই দুখীয়া শনেইক মৃত্যু মুখৰপৰা বচালে ? দেশান্তৰী হ'বলৈ
সংকল্প লোৱা শনেইয়ে পুনৰ কিয় সেই পুৰণি সমাজ পুৰণি মাটিত নীড় সাজিলে ?
এই
ঘৰ কাৰ? নতুন জনমলৈ যি
শনেই পুনৰ ওপজা গাঁৱলৈ উভতি আহিছে,
সেই শনেই কাৰ? শনেইৰ
মনত যি নতুন ভাৱনা, কামনা, ভৱিষ্যতৰ সোণালী সপোন জাগি উঠিছে তাৰ
বাবে দায়ী কোন?
সকলো
ধোবীৰ। শনেই মাথোন তাইৰ চেনেহ, অনুগ্ৰহৰ
খেলৰ পুতুলা।
ধোবীয়ে
তাক যি দিছিল সকলো শেষ হৈ গৈছে। পেটৰ বাবে এতিয়া সি মজুৰি কৰিব লাগিব।
কিন্তু
কিয় ?
জীয়াই
থাকিবলৈ— ধন সম্পত্তি
বঢ়াবলৈ ?
জীয়াইয়ে
বা থাকিব কিয় ?
মাথোন
মজুৰি কৰিবলৈ ? ভগবানৰ
এয়াই বিধান নেকি ? এজনে
দিন মজুৰি কৰিব আৰু বিনা পৰিশ্ৰমে আনজনে তাৰ গৰাকী হ’ব?
প্ৰতিটো
মন্দিৰত যি অচল মূক দেৱতা মানুহৰ হাততে সৃষ্টি হৈ, মানুহৰ হাততে প্ৰতিষ্ঠিত হৈছে, মানুহৰ স্বাৰ্থপৰতাৰ বাবে যিবোৰ ধৰ্মৰ মন্ত্ৰ আছে, সেই মন্ত্ৰ শুনি শুনি যি অচল, অথৰ্ব প্ৰস্তৰ মূৰ্ত্তি ফুল চন্দনেৰে পূঁজিত
হৈছে, তেওঁতো উচ্চ-নীচ, অসমানতা প্ৰচাৰ নকৰে, এইবোৰ প্ৰচাৰ কৰে মানুহে, প্ৰচাৰ কৰে যিয়ে দেৱতাৰ মূৰ্ত্তি
গঢ়িছে, যিয়ে সৃষ্টি
কৰিছে বেদ, পুৰাণ, মন্ত্ৰ।
লোকৰ
ঘৰত মজুৰি কৰাৰ বাহিৰে শনেইৰ বেলেগ কোনো উপায় নাই। পেট প্রৱৰ্ত্তাব, জীয়াই থকিব, সময়ত দেহ বিকল হ'ব। মানুহৰ সন্তান হৈ এই পৃথিবীত ভৰি
থোৱাৰ পাছৰপৰাই সি এই পৃথিবীৰ, কিন্তু
পৃথিবী তাৰ নহয়। যিসকলে আগতে হস্তগত কৰিছে, সেইবোৰ সিহঁতৰ। সিহঁত সময়ত গুচি যাব, কিন্তু যিসকলক নিজৰ বুলি ভাবিছে, সকলো সিহঁতৰ বাবেই এৰি যাব। মাকৰ পেটৰপৰাই যেন সিহঁতে সেইবোৰ হিচাপ
কৰি আহিব।
শনেই
সিহঁতৰ ঘৰতে মজুৰি কৰিব, সিহঁতৰ
দৰে হ'বলৈ অথবা
সিহঁততকৈ ডাঙৰ হ'বলৈ।
শনেই
সিহঁতৰ ঘৰত দিন মজুৰি কৰিবলৈ গ'ল।
প্ৰতিদিন দোক-মোকালিত উঠি সি নিজৰ ঘৰৰ কাম-বন কৰে, নিজে কৰিবলৈ লোৱা শাকনি-বাৰীত কাঁচি কোৰ মাৰে, গছৰ গুৰিত পানী দিয়ে। সূর্যোদয় হ'লে ঘৰত তলা লগাই কামলৈ বুলি ওলাই যায়।
লোকৰ ঘৰত হাড়ভঙা পৰিশ্ৰম কৰি গাধোৱাৰ সময়ত ঘৰলৈ ওভতে। ৰাতি ৰান্ধি থোৱা ভাতমুঠি খাই অকণমান জিৰণিলৈ
পুনৰ কামলৈ বুলি ওলাই যায়।
সন্ধিয়া
লাগি ভাগি যোৱাৰ আগে আগে তিনি অনা পইচা হাতত লৈ ঘৰলৈ ওভতে। ওভতাৰ বাটত দোকানৰপৰা
চাউল, দালি, নিমখ, তেল কিনি আনে। ঘৰলৈ আহি ভাগৰ পলুৱালৈ বুলি বাৰাণ্ডাত শুই পৰে।
সন্ধিয়া
নাট্যশালাত ঢোল বাজি উঠে। তাৰ লগত শোভে তালৰ শব্দ। শনেই শোৱাৰপৰা উঠি ৰন্ধা-বঢ়া কৰি পুনৰ
বাৰীৰ কামত লাগি যায়। বেঙেনা গছত বেঙেনা লাগিবলৈ আৰম্ভ কৰিছে। জলকীয়া গছত ফুল
লাগিছে। বহু যত্নেৰে শনেই এইবোৰ লগাইছে, পোহপাল দিছে।
দুপৰ
নিশা শনেই নিজে ৰান্ধি থোৱা ভাত খায়। ৰৈ থকা বাকী ভাতত পানী ঢালি সি শুই পৰে।
দোক-মোকালি টোপনি ভাঙে৷ লগৰ মজদুৰ আৰু গাঁৱৰ মানুহে আলোচনা কৰে, শনেইৰ পোতা ধন শেষ হ'ল নেকি ? কোনোবাই কোনোবাই এই বিষয়ে সুধিও চায়। শনেই মূৰ জোকাৰি কয়- নাই নাই, শেষ হোৱা নাই আৰু বহুত আছে। মানুহবোৰ আশ্চৰ্য
হয়।শনেই হাঁহি হাঁহি কয়- সময়ত উলিয়াই ল’ম। তেতিয়া চাব পাৰিবা ।
শনেই দিন মজুৰি কৰি যি টকা-সিকা
আনে, তাৰে কোনোমতে
পেটৰ খোৰাক যোগাৰ হয়। দুই চাৰি টকা জমা কৰি গাই-বলধ কিনাৰ উপায় নাই ৷
দেউতাকে
যি তিনি বিঘা মাটি এৰি থৈ গৈছিল,
সেই মাটি চিন্তেই চুই দখল কৰি খাই আছে। খেতিৰ আধা ধান পহৰাজৰ ওচৰত
জমা আছে। এই কথা জানিও সি
চিন্তেই চুই বা পহৰাজৰ ওচৰলৈ যাবলৈ সাহস গোটাব নোৱাৰে। নিজৰ বস্তু হ'লেও গাঁৱৰ মানুহে মন্দিৰৰ নামত চিন্তেই
চুইৰ ওচৰত বন্ধকত থৈ দখল লৈছে। শনেই সেই মাটিৰ কাষলৈ যাবলৈ সাহস গোটাব নোৱাৰে। উপবাসে থাকিলেও
পহৰাজৰ ওচৰত ধান দাবী নকৰে।
গাঁৱৰ
মানুহ যদি একগোট হয়, এই
ভয়তে সি একো ক'ব
নোৱাৰে। জমিদাৰৰ ওচৰত আবেদন কৰিবলৈ হ'লেও নজৰাণাৰ প্ৰয়োজন। চৰকাৰৰ আদালতলৈ গৈ ফৰিয়াদী হ'বলৈ হ'লেও বহু লেঠা। কাঁহৰ কাঁহীৰ পৰিৱৰ্ত্তে যিয়ে কলপাতত ভাত খায়, তাৰ ইমান টকা ক'ত?
ধোবীৰ উপদেশৰ কথা তাৰ মনত পৰিল। এনেয়ে তিৰোতা
মানুহ, তাৰ ওপৰত কম
বয়সীয়া। ভাল-বেয়া বিচাৰ-বিবেচনা কৰিবলৈ তাইৰ বুদ্ধিয়ে হোৱা নাই। গাঁৱৰ মানুহৰ
বিপক্ষে থিয় হ'লে
ফলাফল কি হ’ব
তাকো তাই নাজানে।
শনেই
আৰু অধিক দিন ধৈর্য ধৰি থাকিব নোৱাৰে। নিজৰ যদি কোনো বৃত্তি নাথাকে পাঁচজনৰ লগত
চলিব কেনেকৈ? পেট
প্ৰৱৰ্ত্তাবলৈ যিসকলৰ ঘৰত দিন মজুৰি কৰিব সিহঁতৰ আগত মাথোন মূৰ দোঁৱাইহে চলিব
লাগিব। ইয়াতকৈ গাঁও এৰি গুচি যোৱাই ভাল আছিল। কি উদ্দেশ্য লৈ সি ইমান কষ্ট কৰি
গাঁৱৰ মাটি সাৱটি থাকিব ?
ধোবীৰ
ৰূপ, ধোবীৰ সেৱা-যত্ন, সহানুভূতি, হাঁহি-কান্দোন, উৎসাহ-উদ্দীপনা তাৰ মনলৈ আহে। শনেইৰ
হৃদয়ত পুলক জাগে। বাওনা হৈ জোনলৈ হাত মেলিবলৈ তাৰ ইচ্ছা জাগে। তাৰ আত্মা গৰ্জি
উঠে- দুখীয়া হৈ, দুখ-কষ্ট, অপমান সহ্য কৰি বুকুৰ মাজত পুহি ৰখা
আগ্ৰহক জলাঞ্জলি দি সি জীয়াই থাকিব নিবিচাৰে। জীয়ে যদি মানুহৰ দৰে জীয়াই থাকিব।
কাঠ, শিলৰ দৰে
নিৰ্জীৱ পদাৰ্থ হৈ জীয়াই নাথাকে নাইবা পৰৰ কাৰণে কাম কৰি পৰৰ বাবে ধন আৰ্জিবলৈ সি
জীয়াই নাথাকে। সি পহৰাজৰ ওচৰলৈ গৈ নিজৰ দাবী উত্থাপন কৰিব।
x x x
শনেই
সঁচাকৈয়ে এদিন পহৰাজৰ ওচৰলৈ গৈ নিজৰ দাবী উত্থাপন কৰিলে। তাৰ সকলো কথা শুনি নস্য
টানি ডিঙিৰ নীলকণ্ঠীৰ মালাডাল লিৰিকি-বিদাৰি নাকি সুৰত পহৰাজে ক'লে- বোপা শনেই, মাটি হ'ল জমিদাৰৰ। যিমান দিনলৈ খাজনা দিবা, সিমান দিনলৈ তুমি ভোগ-দখল কৰি খাব পাৰিবা। খাজনা বাকী পৰিলে জমিদাৰে
আদালতত নালিচ কৰি মাটি ক্রোক কৰি দিয়ে। জমিদাৰেওতো ৰাজস্ব দিব লাগে! তুমি, আমি খাজনা দিলেহে জমিদাৰে ৰাজস্ব দিব
পাৰিব। তোমাৰ তিনি বিঘা
মাটি জমিদাৰে নীলাম কৰি দিলে। বহু দিনৰ খাজনা বাকী। চিন্তেই চুই নীলামত কিনি লৈছে।
ধন্য চিন্তেই চুই! নীলামত খৰিদ কৰি গাঁওবাসীক মাতি ক'লে- দেৱতাৰ সম্পত্তি নাই, কেনেকৈ অৱহেলিত হৈ পৰি আছে, পহৰাজ মাটিখিনিলৈ মন্দিৰৰ উন্নতি কল্পে
খটোৱা। দেৱতাৰ পূজা-অৰ্চনা কৰা,
আৰু পাঁচখন গাঁৱৰ মন্দিৰৰ দৰে আমাৰ মন্দিৰো সমানে সমানে থিয় কৰোৱা।
আহা, ধন্য চুই!
ভগবানে তেওঁক অধিকৰ পৰা অধিকতৰ দিয়ক। আৰে শনেই, সেই মাটিৰ ওপৰত তোৰ কোনো অধিকাৰ নাই।
পহৰাজে
পুনৰ নস্য টানি দুবাৰমান গল-খেকাৰি মাৰি ক'লে- গাধেই ৰাউত, গোকুল
পাত্ৰ, গোবৰি ইহঁতৰ
মাটি-বাৰীও চুয়ে খৰিদ কৰি মন্দিৰৰ নামত দান কৰি দিছে। চুই পুণ্যৱন্ত মানুহ।
ভগবানে তেওঁৰ মংগল কৰক। বোপা শনেই,
সম্পত্তিতো মানুহেই আৰ্জে। সকলো ভগবানৰ ইচ্ছা। তাৰ ইচ্ছা অবিহনে গছৰ
পাতো নসৰে। দেৱতা, ব্ৰাহ্মণৰ
ওপৰত ভক্তি ৰাখা, ভগবানে
ইচ্ছা কৰিলে দাঁত ভাঙি খোৱাব পাৰে।
আসনত
বহি পহৰাজে পুথিৰ পাত লুটিয়াবলৈ ধৰিলে। আসনৰ তলত হাতযোৰ কৰি বহি আছিল পৰি দলে, বিনি কাণ্ডি, সেৱা বেহেড়া। পহৰাজৰ কথা শুনি আটায়ে
একেলগে কৈ উঠিল- হয় শনেই, ভগবানৰ
ইচ্ছাতে সকলো হয়, তোৰ
দুখ অৱশ্যেই আঁতৰ হ'ব, তোৰ অধিকৰ পৰা অধিকতৰ হ'ব।
বিনি
কাণ্ডিয়ে ক’লে-
বোপা, তোৰ কোনোবা
জন্মৰ সুকীৰ্ত্তি আছিল, সেয়ে
ভগবানৰ দয়া হ’ল, তই সিপুৰীৰপৰা উভতি আহিলি, পড়িৰা বংশৰ নাম থাকিল। গাধেই ৰাউত উভতি
নাহিল। গোকুল পাত্ৰ, গোবৰি, সকলো তহঁতৰ লগতে গৈছিল, কিন্তু সিহঁতৰ এজনো উভতি নাহিল, সিহঁত মহাপাতকী!
পহৰাজে
ক’লে- বিনি কাণ্ডিয়ে
মিছা কোৱা নাই, সেই
গাধেইটোক মই দেখিছোঁ। ইচ্ কিদৰে বলধটোক খন্তিৰে কোৱাইছিল! ছাল কাটি তেজ বৈছিল।
গৰুৰ নিশ্বাসে স্বর্গ-মর্ত্য-পাতাল কঁপাই তোলে।
পৰি
দলেই ক’লে- তুমি সঁচা
কথাকে কৈছা, গোসাঁই, গোকুলে এদিনাখন তোমাক কেনেকৈ মাৰিবলৈ
খেদি আহিছিল, তোমাৰ
মনত আছেনে ? তাৰ
ওপৰত তোমাৰ অভিশাপ লাগিছে।
হাঁহি
মাৰি পহৰাজে ক’লে-
আহ-হা, সেই কথা নক’বি বাপ, সংসাৰৰ মংগলার্থেই ব্ৰাহ্মণৰ জন্ম। মোৰ মুখৰপৰা অভিশাপ বাহিৰ হ'ব ? নাই নাই, সি
তাৰ নিজ কৰ্মৰ ফল পালে, মোৰ
অভিশাপৰ ফলত নহয়। মই তাক অভিশাপ দিবলৈ কোন ? সকলো ভগবানৰ ইচ্ছা!
সেৱা
বেহেড়াই মূৰ জোকাৰি ক'লে-
দেৱতা, ব্ৰাহ্মণৰ প্ৰতি
অভক্তি দেখুওৱাৰ ফলত সি সবংশে নাশ হ'ল। বিনাশ হ'ল।
গোসাঁনীৰ তুলসীৰ ডালেৰে সি জুই ধৰিছিল, চোৱাচোন তাৰ সাহটো!
শনেই
হাতযোৰ কৰি ক’লে-
মই তেনেহ'লে কেনেকৈ চলিম, ৰাম আতা ? মজুৰি কৰি যি পাওঁ, তাৰে পেটলৈকে নাটে। প্রত্যেক দিন কাম
পোৱাও নাযায়। দেৱতাৰ ধানৰপৰাই মোক কিছু ধান ধাৰে দিয়ক আৰু তাৰে কিছু জমি মোক আধি
দিয়ক। মই কৃষিকৰ্ম কৰি কোনোমতে চলাৰ উপায় কৰোঁ।
ৰাম
পহৰাজ গহীন হ’ল।
সি খন্তেক ভাবি-চিন্তি ক’লে-
চিন্তেই চুইৰ অনুমতি নোহোৱাকৈ মই একো কৰিব নোৱাৰোঁ, বোপা। দেৱোত্তৰ সম্পত্তি, হলাহল বিষ, মই
নিমিত্তহে মাথোন।
সেৱা
বেহেড়াই ক’লে-
যি পোতা ধন পালা, সেয়া
শেষ হ'ল নেকি ? যি পালা তাৰ বাবেতো দেহৰ ঘাম সৰোৱা নাই। দেৱতাই ইচ্ছা
কৰিলে বুলিহে পালা। পাঁচ আঙুলি ফুলি কলগছ হ'ল। দেৱতাৰ উদ্দেশ্যে ভোগ-ভাগ নিদিলা, সেই ধন তোমাৰ কামত আহিব বুলি ভাবিছা
নেকি ?
শনেই
তীক্ষ্ণ দৃষ্টিত সেৱা বেহেড়াৰ ফালে চালে।
বিনি
কাণ্ডিয়ে ক’লে-
হেৰা বোপা, তই
বৰ ভুল কৰি পেলালি। ইমান ডাঙৰ ঘৰটো সাজি ইমান টকা উৰুৱাই দিলি কিয় ? কিছু ধনেৰে দেৱতাৰ ভোগ-ভাগ দি বাকী
টকাৰে দুবিঘামান মাটি কিনিলেই তোৰ দুখ গুচিলহেঁতেন। তাৰপৰাই লাহে লাহে অধিকতৰ হ'লহেঁতেন।
ৰাম
পহৰাজে পুথিৰ পাত লুটিয়াই ক'লে-
এয়া চোৱা বাহিৰ হ'ল, তোৰ নবৌৰ গাত মাখি বহিল, সেয়া হ'ল মাখিপাত দোষ। প্রায়শ্চিত্ত কৰিবলৈ হ'লে পোন্ধৰ টকাৰ কমত নহ'ব। যি বিধি-বিধান আছে, সেয়াতো কৰিবই লাগিব। নহ'লে পাপ খণ্ডন হ’ব কেনেকৈ ? ফাঁকি-ফুকা কৰি যেনে তেনে কিবা কৰিলে
সেয়া মানুহক দেখুৱা শুদ্ধিহে হ'ব, বোপা। সকলো ভগবানে চাই আছে, তাৰ চকুততো ধূলি দিব নোৱাৰোঁ। প্ৰায়শ্চিত্ত
নকৰিলে পাপ ওৰেটো জীৱনতো খণ্ডন নহয়। জন্ম জন্মান্তৰ পিছে পিছে ঘূৰি ফুৰে।
দেখিছানে বোপা, আটায়েতো
মানুহ, তাৰ ভিতৰত
মান-সন্মান, উচ্চ-নীচ, সুখ-দুখ, ভাল-বেয়া, সুন্দৰ-অসুন্দৰ
এইবোৰ হ'ল কিয় ? সকলো কৰ্মফল। তাৰ কাৰণেই মই কওঁ, দুই-চাৰি টকা খৰচ কৰি হলেও পাপ
ধুই-পখালি আত্মা নির্মল কৰি লোৱা ভাল। সকলো নিৰ্ভৰ কৰিছে তোৰ ইচ্ছাৰ ওপৰত।
পৰি
দলেই নিঃসহায়ভাবে পুথিৰ ফালে চাই ৰ'ল। পোন্ধৰ টকা! সি দুখীয়া, বোকা-পানী খচি মাছ ধৰি পেট প্ৰৱৰ্ত্তায়। আধি চহ কৰি আৰু মাছ ধৰি যি
পায় তাৰে কোনো কোনোদিন চৌকাত জুয়ে জ্বলাব নোৱাৰে। পোন্ধৰ টকা সি পাব ক’ত? কর্মঠ ডাঙৰ ককায়েকৰ মৃত্যুৰ পাছৰেপৰা তাৰ মূৰত পৰ্বতৰ দৰে সংসাৰৰ
বোজা চেপি বহি আছে। অৱস্থা অচল। পোন্ধৰ টকা এতিয়া ক’ত পাব? তথাপি
প্রায়শ্চিত্ত নকৰিলে নহয়। জ্ঞাতি ভাই সকলে এঘৰীয়া কৰিব। তাৰ ঘৰত কোনেও পানী
পর্যন্ত স্পৰ্শ নকৰিব। এনেকি মাছ ধৰিবলৈও তাক কোনেও লগত নিনিব।
বিনি
কাণ্ডিক লক্ষ্য কৰি পহৰাজে অকণমান হালি ক’লে- পঘা ডিঙিত থকা অৱস্থাত গো-হত্যা কৰাৰ দৰে আৰু ডাঙৰ পাপ নাই।
গো-হত্যা মহাপাপ। দাঁতত তৃণ ধৰি ঘৰে ঘৰে গৈ ভিক্ষা মাগিব লাগিব। প্রায়শ্চিত্তৰ
আগতে পাটীত শুৱ নোৱাৰিবা। সাধ্য অনুসৰি ব্ৰাহ্মণ ভোজন কৰাব লাগিব। খৰচ-পাতি
কিমান হ’ব, সেয়া হিচাপ কৰিলেহে উলিয়াব পৰা যাব। মই ফৰ্দ
কৰি ৰাখি দিমহি, তুমি
দুই তিনিদিনমান পাছত আহিবা।
সেৱা
বেহেড়াই ক’লে-
মোৰ কথা অলপ চিন্তা কৰা, আতা।
পহৰাজে
ক’লে- আৰে, তোক মই বুজাম কেনেকৈ? বেমাৰী হওঁক, ভাল হওঁক, মেকুৰীতো নিশ্চয়। তোৰ ঘৈণীয়েকে
মৰিয়ালে আৰু সেই মাৰত মেকুৰীটো মৰিল । পাপৰ ভাগীতো তায়ে হ'ল। সেই মেকুৰীটোৰ ওজনৰ সমান নিমখ ওজন কৰি ব্ৰাহ্মণৰ হাতত দি দিবি।
তোৰ সাধ্যে কুলায় মানে ব্ৰাহ্মণ ভোজন কৰোৱাই ফল-ফুল দক্ষিণা আগবঢ়াবি।
পহৰাজ
বহাৰপৰা উঠি থিয় হ’ল।
ক'লে- চিন্তেই
চুইৰ জীয়েকৰ কাইলৈ একাদশী। তাই মাতি পঠাইছে। প্রত্যেক একাদশীত যজ্ঞ হয়। ব্রাহ্মণ
ভোজন আৰু ভাগৱত পাঠ হয়। যিয়ে নোকোৱা কিয়, কম বয়সত বিধবা হৈ এইদৰে নিষ্ঠাৰে ব্ৰত উপবাস পালন কৰা মই দেখা নাই। মই
তালৈকে যাব লাগিব। তোমালোক এতিয়া যোৱাগৈ।
আটায়ে
উঠি থিয় হ’ল।
শনেই
থুকা-খুকি মাতেৰে ক’লে-
মোৰ কথা কি ক’লা, আতা ? নহয় বুলি ক'লে
নহ'ব। মই তেনেহ'লে খাম কি ? জীয়াই থাকিম কেনেকৈ ? নহ'লে তোমাৰ খেতিৰ মাটিৰ পৰাই কিছু মাটি মোক আধি দিয়া। খেতি কৰি মই
তোমাৰ আধা অংশ চমজাই দিমহি। সদ্যহতে মই চলিবপৰা ধৰণে কিছু ধান মোক দিয়া। ফচল উঠাই
সূতে-মূলে পৰিশোধ কৰি দিমহি।
ৰাম
পহৰাজে বিৰক্তিভৰা সুৰত ক'লে-
তোৰ চলা নচলাৰ কাৰণে মই দায়ী নহয়। গাঁৱৰ হৰ্ত্তা-কৰ্ত্তা হ'ল চিন্তেই চুই, তই তেওঁৰ ওচৰলৈ গৈ গোহাৰি জনা। তেওঁৰ কিহৰ অভাৱ ? ধান লাগিলে তেওঁ দিব, মাটি লাগিলেও তেৱেঁ দিব। তেওঁক ভালৰি
লগাব পাৰিলে তোৰ দুঃখ যাব। আমি হ'লোঁ
ছাল নোহোৱা ভেড়া। আমাৰ ওচৰত কি ধন-ধান আছে, বোপা?
এইদৰে
কৈ পহৰাজ ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
পৰি, বিনি আৰু সেৱাও
লাহে লাহে গুচি গ'ল।
শনেই পহৰাজৰ নাৰিকল গছজোপাৰ গুৰিত হতাশ হৈ বহি পৰিল ।
আজি
পুহৰ কৃষ্ণা দশমী! ঠাণ্ডা কমিলেও দুপৰীয়া শৰীৰত শীত অনুভৱ হয়। এফালে ছাঁত বহিলে
ঠাণ্ডা অনুভূত হয়, আনফালে
ৰ'দত বহিলে আকৌ
গৰম লাগে। শনেই নাৰিকল গছৰ গুৰিত বহি ভাবিবলৈ ধৰিলে- এতিয়া উপায় ?
কাৰোবাৰ
খিল খিল হাঁহি আৰু ফুচফুচনি শুনি শনেই মূৰ তুলি চালে। পহৰাজৰ ঘৰৰ আগৰ উন্মুক্ত
ঠাইত ধান আৰু ধানখেৰৰ দমৰ কাষত এজনী তেৰ চৈধ্য বছৰীয়া ছোৱালী। সুন্দৰ লোদোৰ-পোদোৰ, মুখত হাঁহি, চকুত আগ্রহ ও উত্তেজনা। তাই পিন্ধা
কাপোৰখন এজন পোন্ধৰ ষোল্ল বছৰীয়া কিশোৰে ধৰি আছে। শনেইৰ ফালে চাই কিশোৰজনে হাঁহি
আছে।
ছোৱালীজনী
পহৰাজৰ নাতিনী। বাল বিধবা। তাইৰ নাম পাৰ্বতী— ডাক নাম পাৰ। ল'ৰাজন
সিহঁতৰ বনকৰা ল'ৰা
শিৱ ঘোষ। সি ভদ্ৰ ঘৰৰ ল'ৰা
৷
শনেই
পাৰৰ চকুত পৰিল। লাজত তাইৰ মুখমণ্ডল ম্লান পৰি গ'ল। তাই শিৱৰ প্ৰতি বিৰক্তি ভাব দেখুৱাই ক'লে- এৰ, মোৰ কাপোৰ এৰি দে।
শনেই
বেলেগ ফালে মুখ ঘূৰাই লাহে লাহে উঠি গুচি আহিল ।
x x x
কেতিয়াবা
ধোবীৰ আগ্ৰহ ওপজে, অলপ
সময়ৰ বাবে গৈ শনেইৰ নতুন ঘৰ-বাৰী চাই আহিবলৈ, সুযোগ-সুবিধা পালে তাৰ লগত দুই চাৰিটা কথা পাতিবলৈ; কিন্তু তাইৰ লাজ লাগে, ভয় কৰে। কেতিয়াবা শিৱ মন্দিৰলৈ গ'লে শনেইৰ ঘৰটো তাইৰ চকুত পৰে। আঁৰ
চকুৰে চাই চাই তাই বাটে বাটে গুচি আহে। শনেইৰ ঘৰৰ সন্মুখত থিয় হ’বলৈ মন গ'লেও তাই খৰকৈ খোজ পেলাই গুচি আহে।
শনেইৰ লগত দেখা কৰিবলৈ আগ্ৰহ উপজিলেও তাই তাইৰ আগে-পাছে ভয়াতুৰ দৃষ্টিৰে চায় যেন
পৃথিবীৰ সকলো মানুহে তাইৰ কাম, তাইৰ
চাল-চলন লক্ষ্য কৰি আছে। ধোবীৰ হৃদয়ৰ আগ্ৰহ নিৰীক্ষণ কৰি আছে। এটা সময়ত শনেই
পড়িৰাৰ ঘৰটো তাইৰ চকুৰপৰা অদৃশ্য হৈ পৰে। তাই শেষ মুহূৰ্তত শনেইৰ ঘৰৰ মুধচলৈ চাই
হুমুনিয়াহ কাঢ়ে। সাৱলীল ভংগীত খোজ পেলাই ঘৰৰ ফালে গুচি আহে।
ধোবীয়ে
বুজিও বুজি উঠিব নোৱাৰে যে, যি শনেই নিজৰ গাঁও এৰি, সমজুৱাসকলক পৰিত্যাগ কৰি গুচি যাবলৈ ওলাইছিল, সেই শনেই ধোবীৰ অভিমান মিহলি কথা শুনি
তাৰ সেই সংকল্প ত্যাগ কৰিলে কিয় ?
তাইৰ আগ্ৰহক অৱমাননা নকৰি সি তাইৰ সোণৰ মোহৰ গ্ৰহণ কৰিলে। তাইৰ কথা
অনুসৰি ঘৰ সাজিলে। জাতত উঠিল। এনেকি পেট প্ৰৱৰ্ত্তাবলৈ দিন মজুৰি পৰ্যন্ত কৰি আছে। কিয় সি ইমান কষ্ট সহ্য কৰি আছে? পড়িৰা বংশৰ নাম ৰাখিবলৈ সি বিয়া-বাৰুও
কৰাব নেকি ?
কিন্তু
শনেইৰ বিয়াৰ কথা ধোবী সহ্য কৰিব নোৱাৰে। বিয়াৰ কথা ভাবিলেই যেন বেয়া লাগে।
স্বামী ও শহুৰেকৰ মৰণোন্মুখ মুখবোৰ তাইৰ চকুৰ আগত ভাহি উঠে। সিহঁতৰ চেনেহ ভালপোৱাৰ
কথা প্ৰত্যেক দিন তাইৰ মনত জাগি উঠে। দুখত হৃদয় কেঁকাই উঠে। নিজৰ ওপৰত নিজৰে খং
উঠে। নিজকে নিজে ধিক্কাৰ দিয়ে। তাই শনেই পড়িৰাক বচালে কিয়? শ্বামী-শহুৰেকৰ উপার্জিত ধন বাটৰ ভিকহ
শনেইক দিলে কিয়?
গাৰুত
মুখ গুজি শুই তাই চকুপানীৰে গাৰু তিয়াই পেলায়। কণ কণ ভায়েক-ভনীয়েকবোৰে পিঠিৰ
ওপৰত উঠি নৃত্য কৰে, পিন্ধি
থকা কাপোৰ ধৰি টানে। তাইক ব্যতিব্যস্ত কৰি তোলে। কাঠৰ পুতুলাৰ দৰে তাই নিশ্চল হৈ
পৰি থাকে। তাইক কন্দা-কটা কৰা দেখিলে খুৰীয়েকে আহি নানা কথা কয়। ল'ৰা-ছোৱালীকেইটাক টানি আঁজুৰি নি ৰুক্ষ
কৰ্কশ সুৰত কয়- ছোৱালীজনী শুইছে,
তাইক দিগদাৰি কৰিছ কিয় ? আহ, ভাত
খাবিহি।
বিধেই
আঁকোৰগোজভাবে ধোবীৰ পিঠিত উঠিবলৈ টেষ্টা কৰে। তেতিয়া খুৰীয়েকে তাৰ হাতত ধৰি টানি
চোঁচৰাই নিয়ে। তথাপি ধোবী নুঠে। আইতাকে আহি ধোবীৰ মূৰ পিটিকি দিয়ে।
দেউতাকে
ওপৰ মহলাৰপৰা মাতি কয়- ধোবী, হৰি
মহান্তি তহচিলৰ কাগজ-পাতিলৈ আহিছে চহী কৰাবলৈ। মই সকলো চাই-চিতি দিছোঁ। যা, চহী কৰি দি আহগৈ।
ধোবীয়ে
মনে মনে কয়- জ্বলি যাওঁক কাগজ-পাতি। তথাপি তাই উঠে। চকুপানী মচি কাছাৰী ঘৰলৈ যায়। দেখিও নেদেখাৰ
ভাওজুৰি তাই মহান্তিৰ কাষত বহে। মহান্তিয়ে য’ত য'ত
চহী কৰিবলৈ কয় ত’তেই
চহী কৰি দিয়ে। মহান্তিয়ে এটা এটাকৈ সকলো কথা বুজাই কয়। কোনো কথাই ধোবীৰ অন্তৰ
স্পৰ্শ নকৰে। মাথোন কাণেৰে শুনি যায়। কাম শেষ কৰি ধোবী পুনৰ শোৱনি কাঠালিলৈ উভতি
আহে।
মাকে
সোধে- আইজনী, ভাত
নুখোৱা নেকি ?
চকু
চল্চলীয়া কৰি ধোবীয়ে কয়- আজি সোমবাৰ, মোৰ উপবাস।
অকলশৰে
নিজৰ কোঠালি লৈ উভতি আহি ভাগৱত পঢ়িবলৈ ধৰে। আইতাকে ওচৰত বহি মনযোগেৰে শুনে।
আজি
সোমবাৰ, কাইলৈ একাদশী, পৰহি অমুক ব্ৰত এইদৰে ধোবীয়ে অধিক সময়
উপবাসতে কটায়। পহৰাজে আহি পুৰাণ পঢ়ি শুনায়।
ভাল দিন-বাৰ চাই হোম যজ্ঞাদি কৰোৱায়। ব্ৰাহ্মণ ভোজনৰ ব্যৱস্থা কৰা হয়।
মানুহবোৰে ধন্য ধন্য কৰে, প্ৰশংসা
কৰে। কম বয়সতে ধোবী কিমান নিষ্ঠাৰে চলিছে!বাহিৰৰপৰা আহিলে ধোবীয়ে কাপোৰ-কানি
সলায়, অস্পৃশ্য মানুহৰ
ছাঁ গাত লাগিলে তৎক্ষণাৎ গা ধুই লয়।
এইবোৰ
দেখি-শুনি চিন্তেই চুই আনন্দিত। তাৰ জীয়েকে কিমান নিষ্ঠাৰে ব্ৰত উপবাস পালন কৰিছে, মানুহবিলাকে তাইৰ প্ৰশংসা কৰে। পহৰাজে
ধৰ্মশাস্ত্ৰৰ পাত লুটিয়াই কয়- ধোবীৰ ধৰ্ম ভাবৰ বাবেই তাইৰ দুই কুলৰ সাত পুৰুষৰ
স্বৰ্গবাস হ'ব।
নিধেই
চুই কাতৰভাবে ধোবীৰ মুখলৈ চায়। ধোবী মূৰ নত কৰে। মাকৰ চকুপানী সৰে। তপস্বীনি
জীয়েকক বুকুত সাৱটি ধৰি চকুপানী টুকে। মাকৰ বুকুত মূৰ গুজি ধোবী কান্দে। তেজ, মঙহ দি যাক জনম দিছে তাইৰ বুকুৰ মাজত লুকাই
থকা বেদনা মাকে বাৰু উমান নেপাবনে?
দুপৰীয়া।
কাছাৰী ঘৰত বহি চিন্তেই চুই হৰি মহান্তিৰ কাগজপাতি পৰীক্ষা-নিৰীক্ষা কৰি আছিল।
নিধেই চুই মহাজনী কাগজপাতিলৈ ব্যস্ত। হঠাৎ ধোবী আহি তাত উপস্থিত হ'ল। চকুৰ পতা উখহা, খোলা চুলি পিঠিৰ ওপৰত ইতস্ততঃ
বিক্ষিপ্ত। মুখমণ্ডল বিমৰ্ষ, চকুৰ
পতা শেঁতা।
ধোবীক
দেখি মহান্তি বহাৰপৰা উঠি থিয় হ’ল।
চিন্তেই
চুই জীয়েকৰ মুখলৈ চাই শংকিত হৈ উঠিল।তেওঁ অলপ প্রকৃতিস্থ হৈ সুধিলে-কি হ’ল, আই ?
নিধেই
চুই কাগজপাতিৰ পৰা মূৰ তুলি ধোবীৰ ফালে বিষণ্ণ দৃষ্টিৰে চালে। ধোবীৰ ওঁঠ দুটা কঁপি উঠিল। কিবা ক'বলৈ গৈ তাই থমকি ৰৈ গ'ল।
চিন্তেই চুই জীয়েকৰ মনৰ কথা বুজিব পাৰি ক'লে- বহা।
বিনা
আপত্তিত ধোবী চুইৰ কাষত বহিল। মহান্তিয়ে কিছু আঁতৰত বহি নিজৰ বাহাদুৰী জাহিৰ
কৰিবলৈ ক'লে- এয়া চোৱা, এয়া হ’ল খৰিদা বহী। মই নায়েকৰ সম্পত্তি বুজি লোৱাৰ পাছত ৫১১ একৰ মাটি
নীলামত কিনিছোঁ। এয়া হ'ল
আধিয়াৰ খেতিয়কৰ ৰেকৰ্ড। এয়া এইখিনিত আছে ধাৰলৈ দিয়া ধানৰ পৰিমাণ। এয়া, এইটো বাকীৰ বহী। ১১০০ মোণ ধানৰ ১০৯৮
মোণ ধান আদায় হৈছে। এয়া হ'ল
সূতৰ বহী। মিলাই চাওঁক, ৯০০
মোণ ধান সূতত লগাইছোঁ। ১৯৮ মোণ ধান বিক্ৰী কৰি টকা জমা দিয়া হৈছে। বাকী ধানৰ বাবে
কোৰ্টত নালিচ কৰিছোঁ।
মহান্তিয়ে
খন্তেক ৰৈ ধোবীৰ মুখলৈ চালে। ধোবীয়ে খঙাল দৃষ্টিৰে কাগজপত্ৰৰ ফালে চাই আছিল।
মহান্তিয়ে কিবা ভাবি বেলেগ বহী এখন হাতত লৈ ক'লে- এয়া, আগৰ
খৰিদা মাটি আছিল ১৮০ একৰ। দুৰ্ভিক্ষৰ সময়ত যিসকল মানুহে মাটি এৰি থৈ গৈছিল, সিহঁতৰ বহুতেই এতিয়া উভতি আহিছে। উভতি
অহা সকলৰ শুদ্ধি আৰু প্ৰায়শ্চিত্তৰ বাবে টকাৰ প্ৰয়োজন হৈছিল। মাটি বিক্ৰীৰ
বাহিৰে আন কোনো উপায় নাছিল। কম দামত সমান্য কিছু ধান আৰু টকাদি এই ১৯৫ একৰ মাটি
ৰেজিষ্ট্ৰি মাৰফত খৰিদ কৰি দখল লোৱা হৈছে। এইবোৰ মাটি আধিয়াৰ খেতিয়কক চহাবলৈ দিয়া হৈছে। যিসকলৰ
মাটি আছিল সিহঁতেই আধিয়াৰ হিচাপে খেতি কৰি আছে।
চিন্তেই
চুইয়ে ক’লে- তেনেহ'লেতো ভবিষ্যতে দখল লৈ বেমেজালি হ’ব ।
মহান্তিয়ে
ক’লে- কোনো
বেমেজালি নহ'ব।
সকলো মাটি অদল-বদল কৰি দিয়া হৈছে। ভবিষ্যতেও প্রতি বছৰ অদল-বদল কৰা হ'ব। গতিকে ভবিষ্যতে আধিয়াৰৰ স্বত্ত্ব
দাবি কৰাৰ কোনো উপায় নাই ।
চুইয়ে
আনন্দিত হৈ ক’লে-
ধন্যবাদ মহান্তি, সকলো
ফালে চকু ৰাখি কাম কৰাৰ বুদ্ধি কেইজনৰ আছে? ইমান বুজালো, ইমান
শিকালো এই নিধেইৰ মূৰত একো নুসোমাল। গৰুৰ দৰে খাটিব, কেও কিছু নথকাৰ দৰে বহি থাকিব, ইফালে বাহিৰত কি ক'ত
ঘটিছে, কি কৰিলে দুপইচা
আয় হ’ব সেইফালে হ’লে চকু নাই। আৰু কিমান শিকাব? ধোবীৰ সম্পত্তি যদি সি চম্ভালিলেহেঁতেন, মই এইফালে চম্ভালিব পাৰিলোঁহেঁতেন।
ল'ৰালিৰেপৰা নিধেই ককায়েকৰ মৰম-চেনেহ, চৰ-থাপৰ খাই মানুহ হৈছে। ককায়েকৰ আদেশ
মূৰপাতি পালন কৰাৰ বাহিৰে সি আন একো বুজি নাপায়। ভাল-বেয়া সকলো বুজিব ককায়েকে।
তাৰ কাম, ককায়েকে যি ক’ব, বিনা আপত্তিত, বিনা
তর্কত, চকু মুদি সেয়া
পালন কৰা। চিন্তেই চুই কিবা আদেশ কৰিলে, সময়-অসময়, স্থান-কালৰ
অপেক্ষা নকৰে। নিধেইয়ে চকু মুদি ভাবে,
ককায়েকে কৈছে, সি
শুনিছে, ইয়াত আকৌ
ভাবিবলৈ কি আছে?
নিধেই
ককায়েকৰ কথাত একো নাভাবিলে। সি ভাবিছে ধোবীৰ কথা। ধোবী কোনোদিন কাছাৰীলৈ নাহে।
আজি হঠাৎ কিয় জমি-জমাৰ খবৰ ল'বলৈ
আহিল? দুদিনৰ পৰা তাইৰ
উদাস ভাব, কাৰো
লগত মন খুলি কথা কোৱা নাই। চুপচাপ বহি আছে। খোৱা-বোৱাৰো ঠিক নাই। চকুপানী টুকি আছে, মাতিলেও কোনো উত্তৰ দিয়া নাই।
নিধেই
ধোবীৰ মুখলৈ চালে। তাইৰ দুচকু চকুপানীৰে চল্চলীয়া। নিধেইৰ বুকু কঁপি উঠিল। ধাৰণা হ'ল, যেন
তাৰ কলিজা চিঙি গৈছে। ককায়েকৰ সন্মুখত সি কোনো কথা সুধিব নোৱাৰিলে। ভাল-বেয়া
সান্ত্বনাও দিব নোৱাৰিলে৷ সেয়ে ধোবীৰ মনৰ ভাব জনা তাৰ বাবে অসম্ভৱ হ'ল।
মহান্তিয়ে
কাগজপাতি সামৰি ক'লে-
মধু ভূঁইৰ অৱস্থা আপুনি শুনিছে নেকি? বনেই পড়িৰাৰ জীয়েক পুণিক তাৰ ঘৰত ৰখাৰে পৰা বাউৰিসকলে ঠেহ পাতিছে।
মধুৱাই এতিয়ালৈকে জ্ঞাতি ভাইসকলক খুওৱা নাই আৰু পুণিকো এৰি দিয়া নাই। কিমান
বুজালো, ডাবি ধমকি দিলোঁ, তথাপি সি মোৰ কথাত কোনো কাণসাৰ কৰা
নাই। কালি মাতি আনিছিলোঁ। দেখিলেনে তাৰ সাহ! সি ক'লে- হাত থাকিলে ভাত নিশ্চয় মিলিব, তোমাৰ ধমকিত মই ভয় কৰিম কিয় ?
চিন্তেই
চুইয়ে হাঁহি মাৰি ক’লে-
থাকিবলৈ দিয়কচোন, মানুহে
জানক, শুনক, পড়িৰাৰ ছোৱালী বাউৰিৰ লগত আছে। মনত
আছেনে মহান্তি, পড়িৰাই
কি কৈছিল? বাউৰিসকলক
বুজাবা। মধুৱা আৰু পুণিক তাতে থাকিবলৈ দিয়াচোন। যিসকলে সিদিনা পড়িৰাৰ কথা শুনি
হাঁহিছিল, সিহঁতে
চকু মেলি চাওঁক, আকৌ
এবাৰ সিহঁতে হাঁহকচোন।
চিন্তেই
চুই ৰৈ গ'ল। তেওঁ মনে মনে
হাঁহি পুনৰ ক’লে-
বনেই পড়িৰাৰ পুতেক শনেই পড়িৰাই পোতাধন পাই জাতত উঠিল, ঘৰ-দুৱাৰ কৰিলে, এতিয়া লোকৰ ঘৰত মজুৰি কৰি আছে, তথাপি চোৱাচোন তাৰ গৰ্ব! মোৰ ওচৰলৈ
আহিবলৈ সি ইচ্ছা নকৰে। খেতিৰ মাটিৰ বাবে সি পহৰাজৰ ওচৰলৈহে গ'ল।
পহৰাজৰ
মুখত শুনা সকলো কথা চিন্তেই চুইয়ে মহান্তিৰ আগত ভাঙি-পাতি ক’লে। তাৰ পাছত হাঁহি হাঁহি পুনৰ ক'লে- শুনিছোঁ জমিদাৰৰ ওচৰত আবেদন কৰিব।
জমিদাৰেনো কি কৰিব? আইনে
আইনৰ কাম কৰিছে। শনেইৰ মাটি মই নীলামত ডাকি মন্দিৰলৈ দান দিছোঁ। জমিদাৰ খাজনাৰহে
মালিক।
ধোবীৰ
ওঁঠযোৰ কঁপি উঠিল। তাই যি ক'বলৈ
আহিছিল সেয়া ক'ব
নোৱাৰিলে। তাইৰ চকুত যেন জুই জ্বলিবলৈ ধৰিলে। নাকৰ পাহি ফুলি ফুলি উঠিবলৈ ধৰিলে।
কিন্তু ক'ব খোজা কথা ক'বলৈ তাই সাহস গোটাব নোৱাৰিলে। দেউতাক, খুৰাকৰ ওচৰত বহি সিহঁতৰ কথোপকথন
শুনিবলৈ তাইৰ ইচ্ছা নগ'ল
বা ধৈর্যও নাথাকিল। তাই লাহে লাহে বহাৰপৰা উঠি মনে মনে গুচি আহিল।
x x x
দুর্গাপুৰৰপৰা
নিমপুৰলৈ তিনি মাইলৰ বাট। শনেই কেইবাদিন গৈয়ো জমিদাৰ শিৱ ৰায়ক সাক্ষাৎ কৰিবপৰা
নাই। শিৱৰায়
ক্ষত্ৰিয় বংশৰ সন্তান। আৰাম-আয়াসেৰে সময় পাৰ কৰে। বিছনা ত্যাগ
কৰোঁতেই দ্বিগ্ৰহৰ হয়। টোপনিৰপৰা উঠি হাত-মুখ ধুই জা-জলপান কৰি দবা খেললৈ ব্যস্ত হৈ
পৰে। সন্ধিয়ালৈকে খেল চলে। ৰাতি দহ বজালৈ ভাং-গাঁজাৰ আড্ডা বহে। ৰাতি আধালৈকে
নাচ-গান চলে। তাৰ পাছত শুই পৰে।
প্ৰজাৰ
সুখ-দুখৰ কথা শুনিবলৈ বা বুজ ল'বলৈ
তাৰ সময় নাই। তহচিলদাৰ সকলৰ ওপৰতে তেওঁৰ ভৰসা। দূর্গাপুৰৰ তহচিলদাৰ গোবিন্দ
প্ৰধান। শনেই তাৰ ওচৰতে আবেদন কৰিলে।
গোবিন্দ
প্রধানে সকলো শুনি ক'লে-
ভাগ্য শনেই, ভাগ্য!
কপালত যি লেখা আছে, কোনে
সেয়া খণ্ডাব? চিন্তেই
চুইয়ে যি কৰিছে; তাত
মাত মাতিবলৈ মোৰ অধিকাৰ নাই। আইনৰ কথা, ঠাকুৰ দেৱতাৰ কথা?
তদুপৰি বিনা লাভত কোনে ক'ত ব্যৱসায় কৰে?
গোবিন্দ
প্রধানে উপদেশৰ সুৰত ক'লে-
তই তেওঁৰ ভৰিত ধৰি মনৰ কথা খুলি ক’। তেওঁৰনো কিহৰ
অভাৱ ? তেওঁ অনুগ্ৰহ
কৰিলে, তোৰ মাটি পুনৰ
তোৰে হ'ব।
দুই
সেৰ বেঙেনা আৰু এথোক কল ভেটি দি গোবিন্দ প্ৰধানৰ উপদেশ শুনি শনেই ঘৰলৈ উভতি আহিল।
ভাবিলে, সি চিন্তেই চুইৰ
ওচৰলৈ যাব। তাৰ ভৰিত ধৰি
পাঁচ বিঘামান মাটি আধি হিচাপে বিচাৰিব। কিমান মানুহে তাৰ মাটি চহ কৰি পৰিয়াল
পোহপাল দি আছে। চিন্তেই চুই দয়া কৰিলে তাৰ কোনো বস্তুৰে অভাৱ নাথাকিব। মানুহ কুলত
জনমলৈ মান-অভিমান কৰি বহি থাকিলে ক্ষতিৰ বাহিৰে লাভ নহয়। ৰজা হৰিশ্চন্দ্ৰওতো
শ্মশানৰ ৰখীয়া হৈছিল।
সন্ধিয়া
ঘৰলৈ উভতি আহি শনেই পুনৰ তহচিলদাৰৰ কথাকে ভাবিবলৈ ধৰিলে। চিন্তেই চুইৰ ঘৰলৈ যাবলৈ
মন গ'লেও ভৰি দেখোন
উঠিব নুখুজে। সি যাব কিয় ? মাটি
চহ কৰি সি কৰিব কি ?
আধিয়াৰ
খেতিয়কৰ হাতত চিন্তেই চুইয়ে নিশ্চয় তাঁৰ জীয়েকক নগতাব। কৃষক মজদুৰৰ হাত ধৰিবলৈ
ধোবীও নিশ্চয় আগবাঢ়ি নাহিব।
তেনেহ'লে সি কিয় ঘৰ বনালে ? সি কিয় জাতত উঠিল ? সি মাটি চহাব কিয় ? দেহৰ তেজ ঢালি ধনেই বা সঞ্চয় কৰিব
কিয় ?
ধোবীয়ে
তাৰ হাতত সোণৰ মোহৰ দি যোৱাৰ পাছৰপৰা তাইৰ লগত দেখা-সাক্ষাৎ হোৱা নাই। তাইক
ক্ষণিকৰ বাবে দেখাৰ কাৰণে শনেই কিমান চেষ্টা কৰিছে! ভক্তি নাথাকিলেও সি বহুবাৰ শিৱ
মন্দিৰলৈ গৈছে। কিমানদিন নৈৰ পাৰে পাৰে ঘূৰি ফুৰিছে, তথাপি তাইৰ দেখা পোৱা নাই । ধোবীৰ কথা কাৰোবাক সুধিবলৈও সি ভৰসা পোৱা
নাই। কোনে বা কি ভাবে, কি
কয়!
ধোবীৰ
হৃদয়ৰ কথা উপলব্ধি কৰা শনেইৰ কাৰণে অসম্ভৱ হ'ল। ধোবীয়ে তাক ভালপায়, মাথোন এই কথা জানিলে তাৰ কি লাভ হ’ব? চিন্তেই
চুইৰ মতৰ বিৰুদ্ধে ধোবী কি কৰিব পাৰিব?
শনেই
এইবোৰ কথা ভাবি-চিন্তি একো ঠিক কৰিব নোৱাৰিলে।
এন্ধাৰ
হৈ আহিল। শ্রীপঞ্চমীৰ জোনটো পশ্চিমাকাশত উজ্জ্বল কিৰণ বিতৰণ কৰি ঢলি পৰিছে। শনেই
সেইফালে নিৰাশভাবে চাই থাকিল। নঙলা খুলি তাৰ ফালে সি কৰোবাক আহি থকা দেখিলে। আগন্তুকে
কিছু নিলগৰপৰাই গলখেকাৰি মাৰি সুধিলে- কোন, শনেই নেকি ?
মাত
শুনি শনেই বহাৰপৰা উঠি আগন্তুকৰ ওচৰলৈ আহি প্রণাম জনাই সুধিলে- এই অসময়ত আপুনি কি
কাৰণত আহিল ?
ৰাম
পহৰাজে আশীৰ্বাদ জনাই ক'লে-
যজমানৰ ঘৰলৈ আহিবলৈ সময় অসময়ৰ প্ৰশ্ন নাথাকে, বোপা। যজমানৰ হিত চিন্তা কৰাইতো পুৰোহিতৰ কাম।
নাৰিকলৰ
জৰীৰে বনোৱা আসন এখন শনেই বাৰাণ্ডাত পাৰি দিলে। পহৰাজ বহিল। শনেই ঘৰৰ খুঁটা এটাত আঁউজি থিয় দি
থাকিল। পহৰাজৰ আগমনৰ
উদ্দেশ্য সি উপলব্ধি কৰিব নোৱাৰিলে।
সেই
বিষয়ে সি ভাবিব লগা নহ'ল।
পহৰাজে আৰম্ভ কৰিলে- শনেই বোপা,
তই চুইৰ ঘৰলৈ নগ’লি, মই তোৰ দুখৰ কথা চুইক জনাই দিলোঁ। চুই
এজন দয়ালু মানুহ । তোৰ দুখৰ কথা শুনি দুখেৰে ক'লে-
ইচ্, বনেই পড়িৰাই
কেনে সুখেৰে সংসাৰ কৰিছিল! ভাগ্য বেয়া হোৱা বাবেহে তাৰ এনেকুৱা অৱস্থা হ'বলৈ পালে। হয় পহৰাজ, সংসাৰততো আটায়ে সংসাৰ পাতিবই লাগিব।
শনেইৰ হাল-গৰু নাই। যি পাইছিল হকে-বিহকে উৰুৱাই দিলে। মাটি-বাৰী দিলে অকলশৰীয়া
মানুহজনে কি কৰিব? দিনে
দিনে মানুহৰ ঘৰলৈ কিয় হাজিৰা কৰিবলৈ যাব লাগে ? যদি মোৰ ঘৰত কেইদিনমান চাকৰ খাটে তাৰ খোৱা-লোৱাৰ চিন্তা নাথাকিব।
হাতত টকা সিকা হ'লেই
সি হাল-গৰু কিনি খেতি-বাতি কৰিব পাৰিব।
পহৰাজ
ৰৈ গ'ল।
শনেই
ভাবিবলৈ ধৰিলে, সঁচাকৈয়ে
সি চিন্তেই চুইৰ ঘৰত চাকৰ খাটিবলৈ যাব নেকি বাৰু? কিন্তু কিহৰ আশাত ?
লোকৰ ঘৰত মজুৰি খাটিলেও পেট উপবাসে নাথাকিব। অসময় আৰু অভাৱৰ সুযোগ
লৈ যি চিন্তেই চুয়ে একমাত্ৰ তাৰে নহয়, আন বহুতো দুখীয়াৰ মাটি-বাৰী আত্মসাৎ কৰিছে, তাৰ পদতলত আশ্ৰয় লৈ তাৰে চাকৰ বুলি
পৰিচয় দিব নেকি সি?
পহৰাজে
তাৰ মনৰ ভাব উপলব্ধি কৰিব পাৰি ক'লে-
বোপা শনেই, বিপদ-আপদৰ
সময়ত ভাল-বেয়া চিন্তা কৰি সময় নষ্ট কৰা উচিত নহয়৷ চোৰৰ লগত অভিমান কৰি যিজনে
কলপাতত খায়, সি
নির্বোধ। মোৰ কথা মতে তই নিজে গৈ চুইৰ লগত দেখা কৰ, তোৰ মনৰ কথা তেওঁৰ ওচৰত খুলি-মেলি ক’ । তাৰ পাছত তোৰ যি
ইচ্ছা তাকে কৰিবিহি। পানীত পৰা মানুহে কূটাগছিকে সাৱটি ধৰে, তোৰ অৱস্থাও আজি তথৈবচ্। ভগবানৰ ইচ্ছা
থাকিলে তোৰ ঘৰ-বাৰী নিশ্চয় হ'ব।
পহৰাজে
বিদায় ল’লে। পহৰাজক
নঙলালৈকে আগবঢ়াই থৈ নঙলা বন্ধ কৰি শনেই ঘৰৰ ভিতৰলৈ সোমাই আহিল।
x x x
পাছদিনা
দুপৰীয়া ৷
শনেই
চিন্তেই চুইৰ কাছাৰী ঘৰত উপস্থিত হ'ল।
চুই বিছনাত বহি কাগজ-পাতি চাই আছিল। চকুত চছমা আৰু কাণত কাঠ পেঞ্চিল গুজি হৰি
মহান্তিয়ে তেওঁক কিবা-কিবি বুজাই আছিল। তেওঁলোকৰ সন্মুখত কিছু নিলগত নিধেই চুই
হিচাপ-পাতিলৈ ব্যস্ত হৈ আছিল।
শনেইক
দেখি চিন্তেই চুই মূৰ তুলি চালে। নিধেই চুই হিচাপৰ খাতালৈ চিন্তেই চুইৰ কাষলৈ
আহিল। হৰি মহান্তিয়ে কপাললৈকে চছমা তুলি নিধেই চুইৰ ফালে চালে।
শনেই
মূৰ দোঁৱাই আটাইকে নমস্কাৰ জনালে।
চিন্তেই
চুইয়ে হাঁহি মাৰি ক'লে-
কিহে শনেই, ক'ৰপৰা আহিলি ? আমালৈ কেনেকৈ মনত পৰিল ? ভাল ভাল, বহ ।
এইদৰে
কৈ চিন্তেই চুই পুনৰ কাগজ-পাতি চোৱাত মনযোগ দিলে।
শনেই
বিছনাৰ কাষতে মাটিত বহিল। আশা কৰিছিল, নিধেই চুইয়ে নিশ্চয় তাৰ ভাল-বেয়া খা-খবৰ ল'ব। অহাৰ উদ্দেশ্য সুধিব। কিন্তু তেওঁ
এবাৰো তাৰ ফালে মূৰ তুলি নাচালে। সি মহান্তিৰ ওচৰত হিচাপ-পাতি বুজাত মনোনিৱেশ
কৰিলে।
এঘণ্টা
পাৰ হ'ল।
কাগজ-পাতি
সামৰি চিন্তেই চুইয়ে নিধেই চুইক উদ্দেশ্য কৰি ক'লে- যা নিধি, ধোবীক
মাতি দেগৈ। হিচাপ-পাতি
বুজাবলৈ মহান্তি বহু দেৰিলৈ ৰৈ আছে। ধোবীয়ে এইবোৰ কাগজ-পাতিত চহী কৰিলে মহান্তি
আজিয়ে দূৰ্গাপুৰলৈ যাবহি।
কোনো
ধৰণৰ আপত্তি নকৰাকৈ নিধেই উঠি গ'ল।
শনেইৰ
বুকুখন চিৰিংকৈ উঠিল। ধোবীয়ে কাগজ-পাতি চহী কৰিবলৈ আহিব। ইমান দিনৰ মূৰত সি ধোবীক
দেখাৰ সুযোগ পাব; কিন্তু
তাইৰ সন্মুখত চিন্তেই চুইক সি মনৰ কথা খুলি ক'ব নোৱাৰে। তাতকৈ বৰং ধোবী অহাৰ আগতেই সকলো কথা কৈ লোৱাই উচিত হ'ব। এইদৰে মনতে ভাবি শুনেই ক’লে- মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ...
চিন্তেই
চুইয়ে ক’লে- বাৰু বাৰু, কি ক’বি ক’। পহৰাজৰ ওচৰত মই
সকলো শুনিছোঁ। তোক আহিবলৈ মই তাৰ আগত খবৰো পঠাইছিলোঁ। তেওঁ কৈছেতো ?
শনেই
ক'লে- হয় কৈছে।
সেই বিষয়ে মই আপোনাৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ।
চুইয়ে
ক'লে- ভাল বাৰু, মোৰ ঘৰত চাকৰ থাকিবলৈ তোক মাতি
পঠাইছিলোঁ। কেইদিনমান থাকচোন। আৰু পাঁচজন আছে যেতিয়া তয়ো থাক। হাতত টকা-সিকা অলপ
হ’লে হাল-গৰু কিনি
ল’বি। মই মাটি দুই
চাৰি বিঘা চহ কৰিবলৈ দিম বাৰু। বৰ্তমানতো তই আৰু হাল চহ কৰিব নোৱাৰ। বেলেগ
চাকৰবোৰে যেনেকৈ দৰমহা পাইছে, তয়ো
তেনেকৈ পাবি। মোৰ চকুত সকলো সমান। যিয়ে খাটিব, সিয়ে মজুৰি পাব। এই বিষয়ে মই কেতিয়াও কঠোৰ নহওঁ। কি মান্তি আছাতো?
শনেই
হয়তো মান্তি হ'লেইহেঁতেন, পহৰাজৰ পৰামৰ্শ অনুসৰি চিন্তেই চুইঁৰ
প্ৰস্তাৱকে গ্ৰহণ কৰিলেহেঁতেন। কিন্তু ঠিক তেনেতে বতাহত তামোল গছ হলাৰ দৰে থৰক-বৰক
খোজেৰে ধোবী আহি তাত উপস্থিত হ'ল।
নিদেই চুইঁ তাইৰ পিছে পিছে আহিল।
শনেই
ধোবীৰ ফালে চালে। সি নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ধোবী, তাৰ চেনেহৰ ধোবী! তাইৰ আজি এনেকুৱা
অৱস্থা কিয় ? মৰহি
যোৱা ফুলপাহৰ দৰে জ্যোতিহীন মুখমণ্ডল, নিষ্প্রভ চকু, অবিন্যস্ত
চুলি, দুর্বল দেহলতা।
ধোবী!
চিন্তেই
চুইৰ কাষত বহি ধোবী খন্তেকৰ কাৰণে শনেইৰ ফালে চালে। সেই চাৱনিত যেন বহুদিনৰ বেদনা
পূঞ্জীভূত হৈ আছিল। শনেইৰ আগ্ৰহ আৰু প্ৰসন্ন দৃষ্টি তাইৰ কাতৰ দৃষ্টিৰ লগত ঠেকা
খাই ছিটিকি আহিল। শনেই অনিচ্ছাসত্ত্বেও তাৰ চকুযোৰ ধোবীৰপৰা আঁতৰাই আনিলে।ধোবী তলমূৰ
কৰিলে।
শনেইক
বিদায় দিয়াৰ কাৰণেই চিন্তেই চুইয়ে আগতে কোৱা কথাকে পুনৰাবৃত্তি কৰিলে- শুন্ শনেই, যদি দুবেলা দুমুঠি খাই-বই সামান্য কিছু
দৰমহাৰ বিনিময়ত চাকৰ খাটিবলৈ মান্তি হোৱা তেনেহ'লে আমাৰ ঘৰলৈ আহি কাইলৈৰ পৰাই থাকিব পাৰিবি। যদি এই কথাত আপত্তি আছে, তেনেহ'লে তই অইন ৰাস্তা চাবি। ভাত থাকিলে হাতৰ অভাৱ কেতিয়াও নহয়, বুজিলি ।
চিন্তেই
চুইৰ অৱজ্ঞা মিহলি সুৰৰ কথা শুনি শনেইৰ ধৈৰ্যৰ শিপাডাল উভালি গ'ল। খং আৰু ঘৃণাত তাৰ নাকৰ পাহি ফুলি
ফুলি উঠিবলৈ ধৰিলে। তাৰ দুচকুত যেন জুই জ্বলি উঠিল। সি চিন্তেই চুইৰ সুৰতে সুৰ
মিলাই জোৰ দি ক'লে-
হাত থাকিলে ভাতৰ অভাৱ কেতিয়াওঁ নহয়, চুই। আপোনাৰ ভাত আছে বুলি মই হাত পাতি ভিক্ষা মাগিবলৈ অহা নাই, বুজিছে।
শনেইৰ
কথা শুনি চিন্তেই চুই হাঁহিলে, হাঁহিলে
মহান্তিও। নিধেই আশ্চৰ্য হৈ শনেইৰ ফালে চালে। ধোবীৰ বুকুখন গর্বত ফুলি উঠিল। মুহূৰ্তৰ কাৰণে
তাই শনেইৰ জুই জ্বলা চকুৰ ফালে কেৰাহিকৈ চাই দৃষ্টি ওভতাই আনিলে।
ঠাট্টাৰ
সুৰত চিন্তেই চুইয়ে ক’লে-
চাবাচ্, পড়িৰাৰ সন্তান, চাবাচ্! হাতৰ যদি ইমানেই মহিমা তেনেহ'লে তোৰ দেউতাৰে ঘৰ-বাৰী এৰি থৈ ল'ৰা-ছোৱালীৰ হাতত ধৰি অন্নসত্ৰত আশ্ৰয়
লৈছিল কিয় ? কাৰো
হাত-ভৰিতো চিঙি যোৱা নাছিল ? তোৰ
দৰে বলিষ্ঠ কিমান হাত-ভৰি থকা মানুহ ভাত ভাত বুলি মন্ত্ৰ জপ কৰি শ্মশানত শুই পৰিল, শিয়াল, কুকুৰৰ আহাৰ হ'ল।
চিন্তেই
চুইয়ে ক'বলৈ ধৰিলে-
হাত-ভৰি থাকোঁতেও তহঁতৰ পড়িৰা বংশৰ পবিত্ৰ তেজ, নির্মল বংশ মর্যদা লৈ তোৰ দেউতাৰ ওলাই গ'ল, উভতি আহিল কেইজন? আধা
মৰা হৈ একমাত্ৰ তইহে উভতি আহিলি। হাত-ভৰিতো এনেকুৱাই আছিল। এই নিধিয়াই
লুকাই-চুৰকৈ তোৰ মুখত মোৰে ভাত দি বচাই ৰাখিছিল। মই সকলো জানো। নিধিয়াই মোৰ ভয়ত
সকলো লুকাইছে। বুজিছা শনেই, কাৰ
পেটত কি আছে মই সকলো খবৰ ৰাখোঁ । সেয়া হ'ল ভাতৰ মহিমা, হাতৰ
নহয়, বুজিলি ।
স্বৰ্গৰ দেৱতাসকলেও স্বৰ্গৰপৰা নামি আহি মাখি-পৰুৱাৰ দৰে ভাতৰ চাৰিওফালে ভিৰ কৰে ।
ইন্দ্ৰলোকৰ সকলো কথা সিহঁতেই মোৰ কাণে কাণে কৈ যায়। নিধিয়াই তোক বচাইছে, সিয়ে হাড় ওলোৱা হাত-ভৰিত মাংস জাপি
দিছে। ময়ো আনন্দিত হৈছোঁ। ভাবিছিলোঁ, ভালেই হ'ল, পড়িৰা বংশৰ কোনোবা এজন জীয়াই থাকি
বংশৰ নাম ৰাখক; বংশৰ
প্ৰদীপ যাতে নুমাই নাযায় তাৰ বাবে যুঁজ কৰক। সেই হাতৰ অহংকাৰ তই মোৰ আগত কৰিছ? ধন্যবাদ পড়িৰা সন্তান!
নিধেই
ভয়ত সন্ত্ৰস্ত হৈ উঠিল। চিন্তেই চুইৰ মুখলৈ চাব নোৱাৰা হ'ল সি। চিন্তেই চুই তেনেহ’লে সকলো জানে! ধোবীও অস্থিৰ হৈ উঠিল।
তায়ো মূৰ তুলি চাব নোৱাৰিলে৷
শনেই
খঙত জ্বলি-পকি উঠিল। লাঠিৰে কোবাই চিন্তেই চুইৰ মূৰ দুফাল কৰি চকুৰ আগতে হাতৰ
মহিমা দেখুৱাই দিবলৈ ইচ্ছা গ'ল
তাৰ। কিন্তু লাভ কি হ'ব ? পুলিচ, আইন, জেল
সকলো চলে ভাতৰ মহিমাত। পানীত ভৰি থলে যেনেকৈ থেপেতকৈ শব্দ হৈ পুনৰ নিশ্চল হৈ যায়, ঠিক তেনেকৈ হাতৰ কেৰামতালিয়ে সমাজত
মুহূৰ্তৰ বাবে খলকনি তুলি পুনৰ নিজম পৰি যাব। ভৰি যিদৰে পানীৰ তলৰ বোকাত পোত খাই
যায়, শনেইও সেইদৰে
কলুষিত সমাজৰ বোকাত পোত খাই যাব।
যি হাতে বসুন্ধৰাৰ বুকু ফালি ভাত আৰ্জে, সেই হাতেই ভাতৰ দ’মৰ কাষত নিস্তেজ হৈ শুই পৰে। শনেইৰ
উদ্ধত মূৰ তললৈ দোঁ খাই গ’ল। তেজাল চকুৰ
উজ্জ্বল জ্যোতি নুমাই গ'ল।
সি ভাবিলে, চিন্তেই
চুই সঁচা কথাকে কৈছে, নহ'লে লক্ষ লক্ষ হাত শ্মশানৰ মাটিত মিহলি
হৈ গ’ল কিয় ?
খন্তেক
সময় মনে মনে থাকি শনেই ক’লে-
সামান্য কেইটামান ধান দি আপুনি আমাৰ দহ বিঘা মাটি কিনি লৈছে। তিনি পুৰুষে পৰিশ্ৰম
কৰি, মূৰৰ ঘাম মাটিত
পেলাই পেটত খুদ কণ দি মোৰ দেউতা,
ককা, আঁজোককাই
যি দহ বিঘা মাটি সোণৰ থালীত পৰিণত কৰিছিল, জীয়াই থকাৰ লোভত দেউতাই সেই মাটি আপোনাৰ ওচৰত পানীৰ দৰত বিক্ৰী
কৰিছে। তথাপি কোনেও জীয়াই থাকিব নোৱাৰিলে। একমাত্র ময়ে উভতি আহিছোঁ। মোক মোৰ মাটিডৰা ওভতাই দিয়ক, চুই, ওভতাই দিয়ক।
চিন্তেই
চুই হাঁহিলে। পাছত ঠাট্টাৰ সুৰত ক'লে-
মাটি যিজনে কিনে, সি
ঘূৰাই দিবলৈ নিকিনে, বুজিলা। গহীৰ বিলৰ ইমূৰৰপৰা সিমূৰলৈ যিমান মাটি পৰি আছে, সেই মাটি যিসকলে প্ৰথমে চহ কৰিছিল, সিহঁত নাইবা সিহঁতৰ বংশৰ কাৰো সেই
মাটিৰ ওপৰত বৰ্তমান অধিকাৰ নাই। সিহঁত মৰিল । হয়তো ভাতমুঠিৰ বাবে সিহঁতৰ বংশধৰ
সকলো মৰিছে। যিজনে টকা দি মাটি কিনিছে, আজি সিয়ে সেই মাটিৰ গৰাকী। বুজিছা শনেই, যদি মাটি ঘূৰাই নিব বিচৰা তেনেহ'লে টকা দিয়া। যদি বৰ্তমান হাতত টকা
নাই, তেনেহ'লে তোৰ দেউতাক, ককাকৰ দৰে পেটত খুদকণ দি টকা সঞ্চয়
কৰ। এই পুৰুষত নহ'লেও
তিনি পুৰুষ পাছত মাটি কিনিব পাৰিবি।
শনেই
ক’লে- তুমি টকা দি
মাটি কিনা নাছিলা! যি ধানেৰে তুমি আমাৰ বিপদৰ সময়ত মাটি লৈছিলা, সেই ধান তোমাক মই পৰিশোধ কৰি দিম। মই
তোমাৰ ধৰুৱা হৈ নাথাকোঁ। মোৰ মাটি মোক ওভতাই দিয়া।
শনেইৰ
কথাত চিন্তেই চুইঁয়ে কৌতুক অনুভৱ কৰিলে। ভাবিলে, শনেই বলিয়া নহয়,
নির্বোধ। ক’লে-
মই সুতত ধান খটোৱা নাছিলোঁ, ধান
দি মই মাটি কিনিছিলোঁ। তোৰ দেউতাৰে মোৰ নামত কাগজ কৰি দি গৈছে। চৰকাৰী কাগজপত্ৰত
সকলো মাটি মোৰ নামত চিটা ভূক্ত হৈছে। জমিদাৰৰ খাজনা দি মই মাটিৰ দখল লৈছোঁ। তোৰ সেই মাটিত
অলপো অধিকাৰ নাই। মাটিৰ কাষলৈকো তই যাব নোৱাৰিবি।
শনেইৰ
চকুপানী ওলাল। শনেইৰ চকুত চকুপানী আৰু হাতযোৰ কৰি হাত কপাললৈকে উঠোৱা দেখি ধোবীৰ
হৃদয়ত আঘাত লাগিল। শনেইৰ হাতত ধৰি তললৈ নমাই দিবলৈ ইচ্ছা গ'ল তাইৰ। কিন্তু তাৰ পাছত কি কৰিব? তাই ভাবি স্থিৰ কৰিব নোৱাৰিলে। হঠাৎ
তাইৰ মনত ধাৰণা জন্মিল যেন দেউতাকে শনেইৰ এই নিঃসহায় আৰু দৰিদ্ৰতাৰ প্ৰমাণ
দিবলৈকে তাইক মাতি আনিছে। তাইৰ চকুৰ আগত শনেইক অপমান কৰিবলৈকে দেউতাকৰ এই
ব্যৱস্থা৷
ধোবীয়ে
তাইৰ দেউতাকৰ হাঁহিমুৱা মুখলৈ চাই পঠিয়ালে। সেই হাঁহি থকা ওঁঠত আছিল বিদ্রূপৰ
ইংগিত। তাৰ চকুৰ কোণত যেন বহুদিনৰ প্রতিহিংসাৰ জুই জ্বলিছে। তাত মনুষ্যত্ব, মায়া-মমতা নাই। তথাপিও ধোবীয়ে নিজক চম্ভালিব নোৱাৰিলে। কম্পিত
কণ্ঠত তাই ক’লে-দেউতা, শনেই ককাইৰ কথা শুনাচোন, সি দুখীয়া, সি নিৰাশ্রয়, সহায় ভৰসা বুলিবলৈ তাৰ একো নাই। সি
অথাই সাগৰত পৰি ভাহি আছে। তুমি তাক দয়া কৰা। তুমি তাৰ মাটি তাক ওভতাই দিয়া। নহ'লে তাৰ মাটি তাক আধি হিচাপে চহ কৰিবলৈ
দিয়া। সি ভিক্ষাৰী, দেউতা।
ধোবী
একে উশাহে কথাকেইটা কৈ সংকুচিত হৈ পৰিল। চিন্তেই চুই খঙাল দৃষ্টিৰে ধোবীৰ ফালে
চালে। তাৰ চকুত যেন জুই জ্বলিছে।
ধোবী
তলমূৰ কৰিলে।
চিন্তেই
চুইয়ে ক’লে- আই, শনেই দুখীয়া, নিৰাশ্রয়। এয়া মই জানো। তাৰ দুখ মই উপলব্ধি কৰিছোঁ। সেই বুলি নিজৰ
সম্পত্তি দৰিদ্ৰ দুখীয়াক ভগাই দি আমিতো আৰু ভিক্ষাপাত্ৰ হাততলৈ ভিক্ষাত নামিব
নোৱাৰোঁ। মোৰ চকুত সকলো দুখীয়া দৰিদ্ৰ সমান। আৰু পাঁচজনৰ কাৰণে মোৰ মন যেনেকৈ
অস্থিৰ; শনেইৰ কাৰণেও
তেনেকৈ অস্থিৰ।
এইদৰে
কৈ চিন্তেই চুই ধোবীৰ মূৰত হাত বুলাই হাঁহি মুখত নিজেই নিজক কোৱাদি ক’লে- মাজনীয়ে কাৰো দুখ সহ্য কৰিব
নোৱাৰে, মহান্তি । শনেই, তই এতিয়া যা। কাইলৈ মোৰ ঘৰলৈ আহিব।
এইখন ঘৰ জানো তোৰ ঘৰ নহয়? ঘৰৰ
কাম জানো মানুহে নকৰে? আন
পাঁচজনৰ লগত কাম কৰি খাই-বই থাকিবি। তোৰ ককাৰ, দেউতাৰৰ মাটিত হাল-কোৰ মাৰি ধান মাহ ওপজালে মই জানো তোক নিষেধ কৰিম ? তোৰ কোনো ধৰণৰ অভাৱ নহ'লেইতো হ'ল। যিয়ে দৰমহা লৈ কাম কৰে তাকহে চাকৰ বুলি কয়। যিয়ে দৰমহা নলয়
সিতো ঘৰৰ ল'ৰা।
মহান্তিয়ে
সন্মতিসূচক মূৰ দুপিয়াই ক’লে-
চুইয়ে ভাল কথাকে কৈছে, শনেই।
শনেই
হাঁহিলে। সি উঠি থিয় হ'ল।
ক'লে- চুই দয়াবান
মানুহ, নক'ব লগা কথা ক'ব কে’লেই ? মোৰ
দৰে পৰৰ ঘৰৰ সন্তান তেওঁ বহুত পাব। এওঁৰ দৰে দয়ালু দেউতাকৰো মোৰ কাৰণে এই পৃথিবীত
অভাৱ নহ'ব।
খন্তেকৰ
বাবেও শনেই উভতি নাচালে। ঘৰৰপৰা ওলাই আহিল সি। আটায়ে অবাক হৈ তাৰ ফালে চাই ৰ'ল৷
কাকো
একো নকৈ ধোবী অন্তেষপুৰলৈ যাবলৈ ওলাল। দুৱাৰৰ চৌকাঠত উজুটি খাই তাই চিঞৰ মাৰি গুৰি কটা গছৰ দৰে
বাগৰি পৰিল।
হুৱা-দুৱা
কৰি আটায়ে তাইৰ ওচৰলৈ দৌৰি আহিল। হুলস্থূলৰ শব্দ পাই শনেইও দৌৰি আহিল।
ধোবী
মূৰ্চ্ছা গৈছে।
যত্ন, সেৱা-শুশ্রূষাৰ অন্তত ধোবীৰ মূৰ্চ্ছা
ভাগিল। কিন্তু যাক চাবলৈ তাই চকু মেলি চালে সেই শনেইক কিন্তু তাই নেদেখিলে। সৰু
কোঠালিৰ খাটৰ কাষত মাক-দেউতাক, খুড়াক-খুড়ীয়েকে
সকৌতুকে তাইৰ ফালে চাই থকা তাই প্রত্যক্ষ কৰিলে।
কবিৰাজে
লেমৰ পোহৰ বঢ়াই দি ক'লে-
কোনো ভয় নাই। হার্ট বৰ দুৰ্বল। ফলত মূৰটো ঘূৰাই গৈছিল। আদাৰ ৰস আৰু মধুৰ লগত
মিহলি কৰি এই বড়ি কেইটা খুৱাই দিয়ক।
ধোবীয়ে
বাগৰ সলাই বেৰৰ ফালে মুখ কৰি শুলে।
x x x
সাত
আঠদিন অতিবাহিত হ'ল।
ধোবীৰ
মূৰৰ ঘাঁ লাহে লাহে ভাল হৈ আহিছে। কিন্তু তাইৰ বুকুৰ ভিতৰৰ ঘাঁ ভাল হোৱা নাই। তাইৰ
বুকুত যি আঘাত লাগিছে, সেয়া
এতিয়া ঘাঁলৈ ৰূপান্তৰিত হৈ গৈছে। কিন্তু পৃথিবীৰ কোনেও তাৰ আভাস পোৱা নাই। নিশা
তাইৰ টোপনি নহয়; মাথোন
চকুমুদি পৰি থাকে আৰু চকুৰপৰা লোতক সৰি গাৰু তিতে। মাকে ধোবীৰ চকুপানী মচি দি নিজৰ
শুকান চকুত চকুপানী নিগৰায়। কয়- ধোবী, তই মোৰ ওচৰত তোৰ মনৰ কথা ক’। তই ভাবি ভাবি মনক
ইমান কষ্ট দিছ কিয়?
ধোবী
অনুচ্চ সুৰত ক'লে-
একো নহয়, মা।
মোৰ সিপুৰীৰপৰা ডাক আহিছে। সিপুৰীৰপৰা মোৰ শাহু, শহুৰে মোৰ কাৰণে বাট চাই আছে। মা, তেওঁলোকে
যে মোক কিমান ভাল পাইছিল! কেইটামান দিনহে বা মই তেওঁলোকৰ লগত আছিলোঁ! সেই কেইদিনতে
তেওঁলোকে মোক আপোন কৰি লৈছিল৷ মোক যে তেওঁ কিমান ভাল পাইছিল, মা। মোৰ বাবে তেওঁ জীৱন বিসৰ্জন দিলে।
এদিনৰ বাবেও তেওঁৰ কামত মই লগ দিয়া নাই। এদিনৰ বাবেও মই তেওঁৰ সেৱা-শুশ্রূষা কৰা
নাই। ভৰিত হাত দিলে শাহু আয়ে মোক কোলাত লৈ মৰম কৰিছিল।
ধোবী
ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে। অধীৰা হৈ মাকে মূৰত হাত বুলাই কয়- পাহৰি যা, পাহৰি যা আই, সেইবোৰ সপোনৰ কথা। সেইবোৰ বাস্তৱৰ কথা
নহয়। তই মোৰ একমাত্ৰ জীয়ৰী। তই অবিবাহিতা।
ধোবী
প্রকৃতিস্থ হৈ উঠি বহে। অসহায় ভাবে চাৰিওফালে চকু ফুৰায়। অস্থিৰ ভাবে কয়- সেইবোৰ সপোন
নহয়, মা, বাস্তৱ। শাহু আয়ে কোলাতলৈ মোৰ লগত কথা পাতিছিল। এয়া
মোৰ মূৰত তাইৰ হাতৰ পৰশ লাগি আছে। তাই কৈছিল- কিয় এইখন ঘৰত
আৰু কোনো নাই নেকি ? তই
আমাৰ কুলৰ লখিমী, তই
কিয় মোৰ ভৰিত হাত দিবি? মোক
বুকুত সাৱটি ধৰি মৰম কৰিছিল। মা,
তাইৰ বুকুত সোমাবলৈ মোৰ বৰ মন যায়।
ধোবী
খাটৰ ওপৰত শুই পৰে। মাকে তাইৰ মূৰত হাত বুলাই দিয়ে। বহু সময় পাছত তাইৰ টোপনি
আহে। নিধেই চুই কোঠালিৰ ভিতৰলৈ সোমাই আহে। ধোবীক নিধেইৰ হাতত গতাই মাক উঠি যায়।
ৰাতি উজাগৰে জাগি নিধেই ধোবীক ৰখি থাকে।
ধোবীয়ে
টোপনিৰ মাজতে চিঞৰি উঠে- সি দৰিদ্ৰ,
সি নিবাশ্রয় তাক খেদি নিদিবা।
নিধেই
তাইৰ মনৰ কথা বুজিব পাৰে। ধোবীৰ দুৰ্বল হাত পিটিকি দিয়ে।
ধোবীয়ে
চকু মেলি নিধেইক দেখি কয়- খুড়া!
নিধেই
চুইয়ে কোনো ধৰণৰ সঁহাৰি নিদিয়াকৈ ধোবীৰ হাত পিটিকি থাকে।
এইদৰে
সাত আঠ দিন অতিবাহিত হৈ গ'ল।
ধোবী
লাহে লাহে সুস্থ হৈ উঠিবলৈ ধৰিলে। পথ্যপাতি খাবলৈ ধৰিলে। কিন্তু দুৰ্বলতাই তাইক সম্পূৰ্ণৰূপে
লগ নেৰিলে। ইফালে চিন্তেই চুইয়ে ব্রাহ্মণ পণ্ডিত মাতি আনি ভাল দিন
বাৰ চোৱাত ব্যস্ত। গণ্য-মান্য লোক আৰু ওচৰ-পাঁজৰৰ পাঁচখন গাঁৱৰ মানুহৰ সন্মুখত
ধোবীয়ে তোলনীয়া পো ল’ব। মানুহবোৰে উক্ত
উৎসৱত যোগদান কৰি ভৱিষ্যতৰ বাবে সাক্ষী হৈ থাকিব। এই চিন্তাত চুইৰ চকুত টোপনি নাই ।
চিন্তেই
চুইঁৰ অন্তৰৰ কথা কোনেও গম পোৱা নাই। ঘৰৰ কাকো নুসুধি নেমেলি সি ধোবীৰ কাৰণে
তোলনীয়া পো লোৱাৰ বাবে ইমান ব্যস্ত হোৱাৰ কাৰণনো কি ? সি জানে, মানুহেও জানে, কোনেও
তাৰ কামৰ প্ৰতিবাদ কৰিব নোৱাৰে। তাৰ উদ্দেশ্যত বাধাৰোপ কৰাৰ সাহস কাৰো নাই ।
আৰু
ধোবী, দিন দুপৰতে তাইৰ
দুৰ্বল হাতযোৰ কঁপি উঠিল। ঘৰৰ অন্ধকাৰৰ মাজত দৃষ্টি বুলাই তাই বিচলিত হৈ উঠিল। ভালপোৱাৰ অধিকাৰ
তাইৰ নাই। তাই বিধবা, তাই
ধনীৰ দুলালী, তাই
ধনী ঘৰৰ বোৱাৰী। শনেইক সহানুভূতি দেখুৱালৈ গৈ তাই নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই
পেলাইছে।
শনেইৰ
মনত তাই আশাৰ সঞ্চাৰ কৰিছে, সেই
আশাৰ পৰিণতি কি? নিজৰ
দেহটোক শনেইৰপৰা আঁতৰাই ৰাখিলেও মনটোকতো তাই আঁতৰাই ৰাখিবপৰা নাই! শনেই ঘৰ সাজিলে, জাতত উঠিল, মাটি-বাৰী কৰিব, সংসাৰ পাতিব, সুখত থাকিব। ধোবীৰ আনন্দ, ধোবীৰ আহলাদ তাতেই আৱদ্ধ হৈ থাকক, ধোবীৰ প্ৰেমে শনেইক সুখী কৰক, তাক সংসাৰত স্থান দিয়ক।
ধোবীৰ
চকুযোৰ উজ্জ্বল হৈ উঠিল, দিঠকতে
তাই সিপুৰীৰ সংকেত পালে। অন্ধকাৰত পোহৰৰ সন্ধান পালে। অন্ধকাৰ ঘৰৰ ভিতৰতে তাই
দুহাত তুলি অদৃশ্য ভগবানক প্রণাম জনালে।
তাই
শহুৰেকহঁতৰ ঘৰৰপৰা অনা পেৰাটো খেপিয়াবলৈ ধৰিলে। কিন্তু বিচৰা বস্তু তাই নাপালে। তাই বিধবা
হোৱাৰেপৰা তাইৰ সকলো গহেনা-গাঁঠৰি খুলি ৰখা হৈছে। সকলো গহেনা-গাঁঠৰি পেৰাটোতে ৰখা
আছিল। সেইবোৰ হেৰাই যাব পাৰে বুলি চিন্তেই চুই এদিন ধোবীৰ পৰা চাবি খুজি লৈছিল। তেওঁ কি নিলে বা
কি থলে সেয়া চোৱাৰ আৱশ্যক ধোবীৰ নাছিল। চাবিটো ওভতাই দিয়াৰ পাছত ধোবীয়ে
নিজৰ লগতে ৰাখিছিল। ইমান দিনৰ মূৰত আজিহে কথাটো ধোবীৰ মনত পৰিছে। বহু বিচাৰিও তাই
পেৰাটোত একোকে নাপালে। অর্থাৎ সকলো গহেনা-গাঁঠৰি দেউতাকে লৈ গৈছে।
ধোবী
হতাশ হ'ল। পেৰাটো ধৰি
তাই অচল মূৰ্ত্তিৰ দৰে থিয় দি থাকিল। দেউতাক কিয় ইমান নিষ্ঠুৰ হ'ল ? তেওঁ ধোবীক অবিশ্বাস কৰিলে কিয়? তাইৰ সন্দেহ উপজিল হয়তো তাই শনেইক সোণৰ মোহৰ দিয়াটো দেউতাকে গম পাই
গৈছে। কাৰণ শনেইক সোণৰ মোহৰ দিয়াৰ কেইদিনমান পাছতেই দেউতাকে তাইৰপৰা চাবিটো খুজি
নিছিল। কিন্তু এই বিষয়ে কোনেও তাইক এতিয়ালৈকে কোনো কথা সোধা নাই।
বিদ্ৰোহ
কৰিবলৈ তাইৰ মন গুমৰি উঠিল। পুৰণি সংস্কাৰ ভৰিৰে ঠেলি আগবাঢ়ি যাবলৈ ইচ্ছা গ'ল তাইৰ; কিন্তু হিন্দু সমাজৰ জটিল নিয়ম ও প্ৰথাৰ বেষ্টনীৰ মাজত পৰি তাইৰ
সকলো বিদ্ৰোহ তল পৰি যাব, উত্তজনাৰ
জুইকুৰা আপোনা-আপুনি নুমাই যাব। প্রচলিত ৰক্ষণশীলতা পুনৰ তাইৰ অস্তিত্বৰ লগত মিহলি
হৈ যাব।
ধোবীৰ
অবাধ্য মন শনেইৰ ফালে দৌৰি যাব বিচাৰে, অসংযত কল্পনাৰাজি শনেইৰ চাৰিওফালে ঢৌ খেলিব বিচাৰে। কিন্তু সমাজ
সংসাৰে তাইক পাছলৈ ঠেলি দিয়ে। শনেইৰ ফালে তাইৰ প্ৰবৃত্তি, বিহ্বল কামনা, চঞ্চল
ভাবনাৰাজি যিমান দ্রুত গতিৰে দৌৰি যায়, ঠিক সিমান দ্রুত গতিৰে আগুৱাই আহে তাইৰ মৃত স্বামী, মৃত শাহুৱেক-শহুৰেকৰ চেনেহ-ভালপোৱা, তাইৰ বাবে তেওঁলোকৰ আত্মত্যাগ।
ধোবীৰ
মন ঘূৰে। লেকামহীন চঞ্চল মনক তাই আয়ত্ব কৰে, স্বামী, শহুৰেকৰ
স্মৃতিক পূজা কৰিবলৈ তাই সংকল্প লয়, অতীতৰ স্মৃতি সুঁৱৰি তাই কান্দে। ব্ৰত উপবাস কৰি অপবিত্ৰ মন ধুই নিকা
কৰিবলৈ প্ৰয়াস কৰে। নীতিকথা, গীতা, পুৰাণ আদি পঢ়ি দুৰ্বল মনক নীতিৰ
বান্ধোনেৰে বান্ধিবলৈ যত্নপৰ হয়।
কিন্তু
সেই নীতিৰ বান্ধোন থাকে ক'ত?
তাইৰ
ভাবনাবোৰ সংসাৰৰ বান্ধোন চিঙি নাকি ছিগা ম’হৰ দৰে দৌৰি ফুৰে। ভাল-বেয়া চিন্তা কৰিবৰ শক্তি তাই হেৰুৱাই পেলায়।
পুনৰ তাই ভাবিবলৈ ধৰে।
শনেই
পড়িৰাৰ সৰ্বনাশ কৰি, তাক
নিজৰ ঘৰত চাকৰ ৰাখি নিজৰ অহংকাৰ বজায় ৰাখিবলৈ চিন্তেই চুইৰ যি প্ৰয়াস, শনেই পড়িৰাই তাত বাধাৰোপ কৰিছে। দিন
মজদুৰৰ জেদ বজায় ৰাখিছে। জানি-বুজি ধনীৰ বলিশালত মূৰ দিয়া নাই সি।
শনেইৰ
আচৰণে ধোবীৰ মনত গৰ্বৰ উদ্ৰেক কৰিছে। শনেই ধোবীৰ মনৰ অতিকৈ কাষ চাপি আহিছে। তাক কেতিয়াও তাই
লোকৰ ঘৰত মজুৰি কৰিবলৈ নিদিয়ে। নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে শনেইক তাই সকলো
প্ৰকাৰে সাহায্য আগবঢ়াব।
কিন্তু
ধোবীৰ আছে কি ?
এই
সোণৰ হাড়ড়াল, প্রথম
মুখ দৰ্শনৰ দিনা শহুৰেকে কিমান স্নেহেৰে তাইৰ ডিঙিত পিন্ধাই দিছিল! আৰু এই সোণৰ
চুৰী চাৰিডাল! শাহুৱেকে নিজ হাতেৰে তাইৰ হাতত পিন্ধাই দিছিল। এইবোৰৰ ওপৰত
খুৰাক-দেউতাকৰ কোনো অধিকাৰ নাই। এইবোৰ তাইৰ শাহুৱেক-শহুৰেকৰ স্নেহৰ দান ।
x x x
শিৱৰাত্ৰি। নীলকণ্ঠ মহাদেৱৰ পূজা।
ধোবীৰ
আজি নির্জলা উপবাস। শিৱৰাত্ৰি ব্ৰত পালন কৰিবলৈ সন্ধিয়া হোৱাৰ লগ লগে তাই টিমিৰ
লগত মহাদেৱ মন্দিৰলৈ বুলি ওলাল। মাক-দেউতাক
বা খুৰাক-খুৰীয়েকৰ অনুমতি লোৱা নাই তাই। টিমি লগত আছে যেতিয়া তাই নিশ্চিন্ত।
গাঁৱৰ গোসাঁই, গাঁৱৰ
মানুহ, ভয়-ভাবনা
কৰিবলৈ একো নাই।
শনেই
পড়িৰাৰ ঘৰৰ সন্মুখেদি আহোঁতে খন্তেকৰ বাবে শনেইৰ ভাল-বেয়া খবৰ ল'বলৈ তাইৰ ইচ্ছা গ'ল। কিন্তু টিমিয়ে কিবা ভাবিব বুলি তাই
মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে।
এন্ধাৰ।
দূৰৈৰ শিৱ মন্দিৰত ঢিমিক-ঢামাককৈ জ্বলি থকা শ শ চাকিৰ পোহৰ দেখা গৈছে। চাৰিওফালৰ
বাটবোৰতো পোহৰ, কাৰণ
পোহৰ লৈ মানুহবোৰ শিৱ মন্দিৰলৈ আহি আছে। শনেই পড়িৰাৰ ঘৰত পোহৰৰ লেশ মাত্র নাই।
কোনোবা মানুহ ঘৰত আছে বুলিও ধাৰণা নহ'ল।
ধোবী
আগবাঢ়িল।
টিমি
ব্ৰত পালন কৰিছে। হেৰুৱা স্বামীক ওভতাই পোৱাৰ বাবে তাই মানস কৰিছে।
কিছু
দূৰ আহি টিমিয়ে ক’লে-
ধোবী বাইদেউ, মোৰ
জীৱনত শান্তি নাই। মাথোন ছট্ফট্,
আকুলি-বিকুলি কৰিবলৈকে যেন জীয়াই আছোঁ। পেটৰ তাড়নাত ঘৰ-বাৰী এৰি সি যে
ক’লৈ গুচি গ'ল! মই আহি মা-দেউতাৰ ঘৰত আশ্ৰয় ল'লো। কিমান মানুহ উভতি আহিল, কিন্তু সি উভতি নাহিল। দেউতাই যাক
দেখিছে, কুকুৰ-মেকুৰীৰ
দৰে দৌৰি গৈ তাকেই তাৰ কথা সুধিছে। আটায়ে কৈছে- নাজানো। বিয়া হোৱাৰ পাছত মাথোন কেইটামান
দিনহে তাৰ লগত ঘৰ-সংসাৰ কৰিছিলোঁ। এতিয়া সপোন সপোন যেন লাগে। এটা দিনো
সুখ-আনন্দেৰে কটাবপৰা নাছিলোঁ। দিন মজুৰৰ ঘৰ! হাতুৰি-বটালি মাৰি যি টকা-সিকা আনিছে
তাৰে আধা টকা মদ, গাঁজা
খোৱাত খৰচ কৰিছে। বাকী টকা খৰচ কৰিছে খোৱা-লোৱাত। মোৰহে মৰণ! ভাত কম পৰিলেই
পিঠিত ঔ কিল। কিমাননো সহ্য কৰিবা?
কাক ক’বা, কোনে পতিয়াব, যাক ক’বা সিয়ে লথিয়াব! যিয়ে শুনে, সিয়ে কয়- নিশু নিয়া ভাল ল'ৰা। মোৰহে সকলো দোষ। গাঁৱৰ মানুহে কয়- মইহে তপামূৰা স্বামীক দেখিব
নোৱাৰোঁ।
খন্তেক
ৰৈ টিমিয়ে পুনৰ ক'লে-
এয়া মানুহৰ দেহহে। কিমান সহ্য কৰিম? কান্দি কান্দি মা-দেউতাহঁতৰ ঘৰলৈ ঘূৰি আহিলোঁ। শুনিছিলো, সি বোলে মোৰ কাৰণে বলিয়াৰ দৰে হৈছিল।
ভাবিলো, সি বোধহয় মোকেই
বিচাৰিছে। মনে মনে ভাবিলোঁ, তাৰ
কাষলৈকে পুনৰ গুচি যাম। সময়ত সকলো ঠিক হৈ যাব। ভয় লাগিল, যদি আকৌ মোৰ গাত হাত তোলে! বিনা দোষত
কোনেনো মাৰ খাবলৈ যাব ? মাই
ক'লে- যা, দেউতাই ক'লে, যা। মই ক'লো-
গ’লে মোক মাৰি
পেলাব। এদিন সি আহিল। মাৰ আগত কিমান কন্দা-কটা কৰিলে। তাৰ কন্দা-কটা দেখি মাৰ মন
কুমলিল। মই লুকাই থাকিলোঁ। তাৰ সন্মুখলৈ যোৱাটো মোৰ মনত বাঘৰ সন্মুখলৈ যোৱাৰ দৰেই
লাগিল। আয়ে তাক বুজাই-বঢ়াই পঠাই দিলে। আয়ে মোক ক’লে- নিশু নিয়া বৰ ভাল ল'ৰা। বেয়া সংগত পৰিহে গাঁজা-ভাঙত ধৰিছিল। পুৰুষ মানুহ। তোৰ দেউতাৰক
নোচোৱা কিয় ?
দেউতায়ো
লুকাই-চুৰকৈ গাঁজা টানে।
টিমিয়ে
ধুনীয়াকৈ হাঁহিলে। সিহঁত মহাদেৱ মন্দিৰৰ কাষ পালেহি। মানুহৰ কোলাহল কাণত পৰিল। আগে-পাছে
জোঁৰলৈ বহু মানুহ আহি আছে। টিমি ধোবীৰ হাতত টানকৈ ধৰিলে। নৈৰ পাৰ। থিয় গৰা।
ওখোৰা-মোখোৰা। তলত শুকান বালি। পৰিব লাগিলে হাত-ভৰি ভাঙিব।
ধোবীয়ে
ক’লে- মোৰ হাত এৰি
দে।
পৰি
যাবা ।
নাই, নপৰোঁ। মই সাৱধানে যাম। ক'চোন, তোৰ কথা। ইমান দিন তোৰ লগত আছোঁ, মোৰ আগত এইবোৰ লুকাইছিলি কিয় ?
টিমিয়ে
আৰম্ভ কৰিলে- লুকাম কিয় ? কোৱাৰ
সুযোগে দেখোন পোৱা নাই। শুনা, সি
উভতি গ'ল। মই উশাহলৈ
বাচিলোঁ। তাৰ পাছত কিমান খবৰ পঠালে,
তথাপি মই নগ'লোঁ।
সেয়াই কাল হ'ল।
সি মোক আৰু একো নুসুধিলে। মাটি তিনি বিঘামান আছিল। তোমাৰ শহুৰেৰাৰ ওচৰত বিক্ৰী কৰি যি পালে তাৰে মদ পানী
খাই উৰুৱাই দি গাঁও এৰি গুচি গ'ল।
মোক একো নিদিলেও বা একো নুসুধিলেও।
কে’বাটাও বছৰ পাৰ হৈ গ'ল। তাৰ খবৰ-বাতৰি কোনেও ক'ব নোৱাৰিলে। দেউতাই ক'লে- টিমিক বেলেগ ঠাইত বিয়া দি উলিয়াই
দিম। মাই ক'লে-
কেনেকৈ দিবা? নিশুৱাইতো
তাইক ত্যাগ কৰা নাই। বাৰ বছৰ ৰখিব লাগিব, তথাপিও যদি তাৰ খবৰ-বাতৰি পোৱা নাযায় পলাশ পাত দাহ কৰি শুদ্ধি হ’ব লাগিব। তাৰ পাছত যি কৰা কৰিবা। মাই
মোক মাতি ক'লে-
ব্ৰত উপবাস কৰ, ভাগ্যত
থাকিলে নিশু নিয়া উভতি আহিব। মাৰ ভয়ত উপবাস কৰোঁ, ব্ৰতাদি কৰোঁ। কোৱাচোন ধোবী বাইদেউ, এনেকৈ ব্ৰত উপবাস কৰি বাৰ বছৰ পাৰ কৰাটো জানো সম্ভৱ ? মোৰ কপালত কেতিয়াও শান্তি নহ'ব।
সিহঁত
মন্দিৰৰ একেবাৰে কাষ পালেহি। কোলাহলৰ মাত্ৰা বাঢ়ি গ'ল। চাকিৰ পোহৰবোৰো উজ্জ্বল হৈ উঠিল।
টিমিয়ে চকুপানী মচিলে। ধোবীয়ে তাইক সান্ত্বনা দিব নোৱাৰিলে। টিমিয়ে কৈ থাকিল-
ৰাতি উজাগৰি জাগি ব্রত পালন কৰিব লাগিব, দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব; সি উভতি আহক, মদ, গাঁজা খাই মোৰ পিঠিত ঔ কিল মাৰি হাতৰ
পিৰপিৰনি মাৰক। নাই নাই, ধোবী বাইদেউ, মই ব্রত পালন কৰিছোঁ বেলেগ কাৰণতহে। কোনোবাই আহি কওঁক, নিশু নিয়াৰ মৃত্যু হৈছে।
তাইৰ
শেষৰ কথাফাকি শুনি ধোবী চমকি উঠিল। তাই টিমিৰ হাতখন জোৰেৰ জোকাৰি দি ক'লে- তই এনেকৈ কেনেকৈ ক'ব পাৰিলি ? তোৰ জিভা খহি নপৰিল কিয়?
টিমিয়ে
বিৰক্তিত হাত জোকাৰি ক'লে-
নক’ম কে’লেই? চকুৰ আগত তুমি তোমাৰ স্বামীৰ মৃত্যু দেখিছা, কন্দা-কটাও কৰিছা। মনক প্ৰবোধ দিছা। মন
গ'লে আকৌ নতুনকৈ
সংসাৰ পাতিবা, নহ'লে নাই। ছট্ফট্ কৰিতো আৰু সময় কটাব
নালাগে!
ধোবীৰ
দেহলতা কঁপি উঠিল। তাই কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে। স্বামীৰ মৃত্যুৰ সময়ৰ মুখখন
তাইৰ চকুৰ আগত ভাহি উঠিল। তাই নিজে নিজেই সংকুচিতা হৈ উঠিল৷ তাই কি কাৰণত উপবাস
ব্রত পালন কৰিছে? কিয়
ৰাতি উজাগৰে জাগি ব্রত পালন কৰিবলৈ মহাদেৱ মন্দিৰলৈ লৰি আহিছে ? শনেইৰ ঘৰৰ সন্মুখত কিয় তাইৰ ভৰি থমকি
ৰৈ গৈছিল ?
মহাদেৱ
মন্দিৰৰ চৌহদত ভিৰ। ধোবী আৰু টিমি মন্দিৰৰ চাৰিওফালে এটা পাক মাৰি আহিল। কিন্তু মনে যাক
বিচাৰিছিল তাৰ দেখা নাপালে ৷ কত ঠাইৰপৰা কত মানুহ আহিছে। জীয়ৰী-বোৱাৰী
আহি মন্দিৰত ভিৰ কৰিছে। সময়ে সময়ে হৰিধ্বনিৰ শব্দত মন্দিৰ প্ৰাঙ্গণ কম্পিত হৈ
উঠিছে।
ঠাকুৰ
দৰ্শন কৰি সিহঁত মন্দিৰ প্রাঙ্গণত প্ৰৱেশ কৰিলে। মন্দিৰৰপৰা অলপ নিলগত নিজৰাৰ পাৰত
কেইজোপামান বট গছ। তাৰ তলতো বহু তিৰোতাই আশ্রয় লৈছে। সময় বাগৰাৰ লগে লগে ৰাতি
বাঢ়ি আহিছে আৰু দেহ চেঁচা পৰি আহিছে। ফাগুন মাহ। ঠাণ্ডা দ্বিগুণ হৈ আহিছে। মন্দিৰৰ বাহিৰত
ঘনান্ধকাৰ। আন্ধাৰ গাঢ়ৰপৰা গাঢ়তৰ হৈ উঠিছে। কেতিয়া মহাদীপ জ্বলাব তাৰ বাবে
মানুহবোৰে অপেক্ষা কৰি আছে। মহাদীপ দৰ্শন নকৰি উভতিলে ব্ৰত উপবাসৰ ফল পোৱা নাযায়।
দুয়ো
বটগছৰ গুৰিত বহিল। কাৰো মুখত কথা নাই। ধোবীয়ে আশা কৰিছিল, নিশ্চয় তাই শনেইৰ দেখা পাব; কিন্তু শনেইৰ দেখা নাপালে। তাই এবাৰ শনেইৰ
অন্ধকাৰ ঘৰলৈ যোৱাৰ কথা ভাবিলে। নিজে চাই আহিব শনেই এতিয়া কি কৰিছে। কিন্তু ভয়ত তাইৰ
শৰীৰ শিৱঁৰি উঠিল। তাইৰ প্ৰাণ ছাটি-ফুটি কৰিবলৈ ধৰিলে। কিন্তু তাই টিমিৰ
ওচৰত মনৰ কথা খুলি ক'বলৈ
সাহস গোটাব নোৱাৰিলে। কেনেবাকৈ যদি টিমি তাইৰপৰা আঁতৰ হয়, তাই বাট-অবাট, আলোক-আন্ধাৰৰ কথা নাভাবিব। মুহূৰ্তৰ
বাবে গৈ তাই শনেইক চাই আহিব; যদি
দেখা নাপায় হতাশ হৈ উভতি আহিব।
টিমিও
সেই একে সুযোগকে বিচাৰি আছিল। মন্দিৰৰ ভিতৰৰপৰা ওলাই অহাৰ সময়ত বিশি জেনাৰ ল'ৰা চন্দ্ৰৰা মূল প্রবেশ দুৱাৰৰ খুঁটাত
আঁউজি থিয় দি আছিল। টিমিক দেখি সি হাঁহিছেও। কাৰোবাক বিচৰাৰ ভান কৰি সি সিহঁতৰ
কাষেদি ইতিমধ্যে দুই তিনি বাৰমান পাৰ হৈ গৈছে। দূৰৈৰ আলোকৰ পৰশত ইতিমধ্যে আন্ধাৰ
কিছু পাতল হৈ আহিছে। অৱশ্যে ওচৰলৈ নাহিলে কাকো চিনিব পৰা নাযায়। টিমি তিৰোতাসকলৰ
মাজত বহি আছিল। ধোবীও তাইৰ কাষত বহি আছে। সেয়ে চন্দ্ৰৰাই ভৰসা কৰি টিমিক ৰসাল
ঠাট্টা কৰিবপৰা নাই।
চন্দ্ৰৰাই
শুনাকৈ টিমিয়ে ক’লে-
ধোবী বাইদেউ, চন্দৰাটোলৈ
চোৱাচোন, কেনেকৈ আমাৰ
ফালে চাই আছে!
চন্দ্ৰৰাৰ
ফালে চাই ধোবীয়ে চকু পকালে। তাৰ পাছত তাই বিৰক্ত হোৱাৰ দৰে টিমিৰ হাতত ধৰি থিয় হ'ল। টিমি তাইৰ লগত মন্দিৰৰ ফালে চাৰি
খোজমান আগুৱাই গ'ল।
খঙত একো হোৱা নাই যেন দেখুৱাই ধোবীয়ে ক'লে- চন্দৰাটো বেচ্ অসভ্য। তাক সেই গছৰ গুৰিটোলৈ মাতি নি ভাল দৰে
বুজাই ক’। যদি ভালটো বিচাৰেতো ইয়াৰপৰা আঁতৰ হ'বলৈ ক’। যদি কথা নুশুনে
তেনেহ'লে তাৰ এই
অসভ্যালিৰ শাস্তি সি পাব। সকলো সময়ত সকলো কথা ভাল নালাগে। মানুহবোৰে কি বুলি ক'ব ক’চোন ? সৌৱা
খুৰা আহিছে। মই যাওঁ তই পাছত আহিবি।
ধোবীয়ে
টিমিৰ মনৰ কথা উপলব্ধি কৰিব পাৰি এইদৰে কৈ তাৰপৰা আঁতৰি আহিল৷
এনেতে
নিধেই চুই সেইখিনি পালেহি। সি সুধিলে- কেতিয়ালৈ উভতিবি, আই ? লগত কোন আছে ? মই
লগত যাম নেকি ?
ধোবীয়ে
ক’লে- লগত টিমি
আছে। কিমান মানুহ অহা-যোৱা কৰি আছে। মহাদীপ প্রজ্বলিত কৰিলেই আমি যামগৈ। তুমি যোৱা, খুড়া।
খুড়াক
গুচি গ'ল।
খুড়াক
গুচি যোৱাৰ পাছত ধোবী আন্ধাৰৰ মাজতেই শনেইৰ ঘৰৰ ফালে খোজ ল'লে। বাহিৰত অন্ধকাৰ। গহীৰ বিলৰ কাঁইটীয়া
জোপোহানিৰ মাজেদি বাট। নৈৰ পাৰৰ ওখোৰা-মোখোৰা বাটেও তাইৰ মনত ভয় সঞ্চাৰ কৰিব
নোৱাৰিলে। তাইৰ ভয় মাথোন মানুহক লৈ, যি মানুহে আইন, দেশ, প্ৰথা গঢ়িছে। যাৰ মুখৰপৰা অপবাদ ও
কলংকৰ বিহ নিগৰি পৰে।
বেগাই
খোজ ল'লে তাই৷ তাই
ভাবিলে, শনেই ককাইদেউ
যদি তাইৰ উপহাৰ গ্ৰহণ নকৰে? শনেই
ককাইদেউ যদি তাৰ মনৰ কথা খুলি কয়,
তেনেহ'লে
তাই কি উত্তৰ দিব? এইবোৰ
ভাবি একো থিৰাং কৰিব নোৱাৰিলেও তাই আগুৱাই গৈয়ে থাকিল।
শনেইৰ
ঘৰৰ সন্মুখলৈ গৈ তাই থমকি ৰৈ গ'ল। কোনোবা আহিছে
নেকি বাৰু? নহ'লে কোনোবাই তাইক দেখিলে নেকি? বুকু ঢিপলিং ঢিপ্লিং কৰিছে। দেহ
কঁপিছে। মন উদ্বেগেৰে ভৰি পৰিছে। আন্ধাৰৰ মাজতে তাই চকু ফুৰালে। নাই, কোনো নাই।
শনেইৰ
ঘৰৰ ভিতৰৰপৰা চাকিৰ পোহৰ আহি ৰাস্তাত পৰিছে। সি তেনেহ'লে ঘৰতে আছে! টিপ্লিং টিপ্লিং বুকুলৈ
কম্পিত ভৰিৰে তাই শনেইৰ চোতালত ভৰি থৈ পুনৰ থমকি ৰৈ গ'ল। তাই ঘৰৰ ভিতৰত সোমাব নেকি ? কোনোবাই তাইক দেখিলে নেকি ?
কোনেও
কাৰো মনৰ গোপন কথাৰ সম্ভেদ নাপায়। ৰাতি পুৱালেই দুর্নাম ৰটিব। এজনে আনজনৰ কাণৰ
গুৰিলৈ মুখ নি ক'ব-
ধোবী কালি দুপৰ ৰাতি.....
ধোবীৰ
মূৰৰ ভিতৰত জুই জ্বলি উঠিল। অন্ধকাৰ আকাশত আজি তৰাৰ মেলা। তৰাবোৰ আজি যেন অধিক
উজ্জ্বল, অধিক প্রফুল্ল।
কোনেও নুবুজিলেও সেইবোৰেতো বুজে ভাল-বেয়া, পাপ-পূণ্য!
নৈৰ
ফালৰ পৰা এজাক মৃদু-মন্দ বতাহ বৈ আহিল। ধোৰীৰ জ্বলি থকা দেহ শাঁত পৰি গ'ল।
নাই, ক’তো কোনো নাই ।
ধোবী
শনেইৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল।
শনেই
চাকি জ্বলাই বহি আছিল। শনেই ধক্ধকীয়া বগা মেকুৰী পোৱালিটোৰ লগত খেলা কৰি আছিল।
মেকুৰী পোৱালিটো তাৰ অকলশৰীয়া জীৱনৰ একমাত্ৰ লগৰীয়া ।
ধোবীৰ
ফালে শনেইৰ চকু গ'ল। সি
আশ্চর্যচকিতভাবে ধোবীৰ ফালে চাই ৰ'ল।
একো বুজিব নোৱাৰিলে সি। তাৰ মনৰ ভিতৰৰ মধুৰ ভাবনা যেন বাস্তৱ ৰূপলৈ তাৰ সন্মুখত থিয় দি আছে। দুর্বল, শেঁতা দেহ। চকুৰ জ্যোতি যেন নুমাই গৈছে৷ কান্দো কান্দো ভাব
পৰিলক্ষিত হৈছে ভ্রূযুগলত। ওঁঠৰ পাহিবোৰ কঁপি কঁপি উঠিছে। তেজশূন্য দেহৰপৰা খৰকৈ
উশাহ-নিশাহ সৰিছে।
ধোবী!
হয়, ককাইদেউ। মোক চিনিবপৰা নাই নেকি?
চিনিছোঁ।
তুমি অকলে এই ৰাতিখন ?
হয়, মই অকলেই আহিছোঁ। মহাদেৱ দৰ্শনৰ কাৰণে
আহিছিলোঁ। তোমাক চাবলৈ
আহিলোঁ।
শনেই
ভেবা লাগি চাই ৰ'ল।
কেনে
আছা, ককাইদেউ ?
জ্বৰ
হৈছে।
জ্বৰ!
এৰা, দুই তিনিদিন পাছে পাছে জ্বৰ উঠে আৰু
এৰি যায়। কেতিয়া উঠে আৰু কেতিয়া এৰি যায় মই ক’বকে নোৱাৰোঁ। লোকৰ ঘৰত কাম কৰি থাকোঁতেই কেতিয়াবা জ্বৰ উঠে; গছৰ তলত, নহ'লে
লোকৰ গোহালি ঘৰত গামোচা পাৰি শুই পৰোঁ। ঘাম দি জ্বৰ এৰি যায়।
ধোবী
একান্ত মনে শুনি গ'ল।
বহ
ধোবী, ইয়াতে বহ।
ধোবী
শনেইৰ সন্মুখতে বহিল। বহু কথা ক'বলৈ
আছিল যদিও মুখৰপৰা এষাৰ কথাও নোলাল। ইজনে সিজনৰ মুখলৈ তন্ময় হৈ চাই থাকিল।
দুয়োৰে চকু চলচলীয়া হৈ উঠিল।
শিৱ
মন্দিৰৰপৰা কোলাহলৰ শব্দ ভাহি আহিছে। নৈৰ ফালৰপৰা অহা বতাহজাকে চাকিৰ শিখা কঁপাই গ'ল। দুয়োৰে তন্ময়তা ভাগিল। ইজনে সিজনক দেখি
হঠাৎ চমকি উঠিল। ভয়ত কঁপি উঠিল,
লাজত সংকুচিত হ'ল।
উভয়ে
চকুপানী মচিলে।
শনেই
ককাইদেউ!
ধোবী!
নাই নাই আৰু মই সহ্য কৰিব নোৱাৰোঁ। তই মোক পুতলা কৰি খেলিবি নেকি ? তোৰ কথা মতে, তোৰ ধনেৰে মই জাতত উঠিলোঁ, ঘৰ সাজিলো; তোৰ কথা মতে মই মজুৰি কৰি পেট
প্ৰৱৰ্ত্তাইছোঁ, তোৰ
কথা মতেই চিন্তেই চুইৰ সন্মুখত দণ্ডৱত হৈ দেউতা, ককাৰ আভিজাত্যক তেওঁৰ পদতলত জলাঞ্জলি দি আহিছোঁ। অপমান হজম কৰি মূৰ
দোঁৱাই হতাশ হৈ উভতি আহিছোঁ।
শনেইৰ
চকুযোৰ চলচলীয়া হ'ল।
সি
কৈ গ'ল- মই তোৰ
গলগ্রহ হৈছোঁ, তই
খেলিছা মই দুখ পাইছো। দেউতাই তোৰ দেউতাৰক মাথোন এফাকি কথাহে কৈছিল। অপমান কৰা তাৰ
উদ্দেশ্য নাছিল। তোৰ দেউতাৰে হাৰিলেও তই জিকিলি। মোৰ অৱস্থাৰ সুযোগ লৈ তই প্রতিশোধ
ল’লি।
ধোবীয়ে
সহ্য কৰিব নোৱাৰিলে। তাই মুখ খুলিলে- বন্ধ কৰা, বন্ধ কৰা ককাইদেউ,
তোমাৰ কথা বন্ধ কৰা।
বন্ধ
কৰিম কিয় ? এই
ঘৰখন তোৰ, এইখন
ঘৰত যি আছে সকলো তোৰ। মই তোৰ খেলৰ পুতলা হৈ নাথাকোঁ। সমগ্র পৃথিবী মোৰ আগত পৰি
আছে। আশ্রয় দিবলৈ শ শ গছৰ ডাল-পাতে মোক আমন্ত্ৰণ জনাই আছে।
শনেই
ককাই......। ধোবীয়ে কিবা ক'বলৈ
গৈয়ো ক'ব নোৱাৰিলে।
শনেই
ক’বলৈ ধৰিলে- মোৰ
মনৰ কথা তোক মই ক'লোঁ।
লোকৰ ঘৰত হাড়ভঙা পৰিশ্ৰম কৰি দেহৰ ঘাম সৰাই অকলশৰীয়াকৈ কিয় পৰি আছোঁ? এইখন ঘৰত থাকিলে মোৰ মানস পটত বহু অতীত
স্মৃতি জাগি উঠে। মা-দেউতা, ভাই-ভনীবোৰ
মোৰ সন্মুখলৈ আহি থিয় দিয়ে।
ধোবীয়ে
ক’লে- ককাইদেউ, মানুহ অকলশৰীয়া হ'লে তাৰ মন এইদৰে অস্থিৰ হৈ উঠেই; সি এইদৰে বলিয়াৰ দৰে বলকেই। এইখন ঘৰলৈ
যদি গৃহিণী আনিলাহেঁতেন, তোমাৰ
বলিয়ালি ইমান দিনে গুচি গ'লহেঁতেন।
ধোবীয়ে
হাঁহি মুখেৰে শনেইৰ হাতত ধৰিলে। তাইৰ কথা কোৱাৰ ভংগী, হাঁহি থকা ওঁঠ, কম্পিত কপোল আৰু হাতৰ পৰশত শনেই মন্ত্ৰমুগ্ধ
হ'ল। তাৰ সৰ্বাংগ
কঁপি উঠিল, কিন্তু
মুখেৰে এটা শব্দও নোলাল।
ধোবীয়ে
ক’বলৈ ধৰিলে-
সুখ-দুখ, পোহৰ-ছাঁৰ দৰে
লাগি থাকে। মানৱ সন্তানৰ ভাগ্য গাড়ীৰ চকাৰ দৰে। ধৈর্য ধৰা। তোমাৰ মাক-দেউতাক, তোমাৰ ভায়েক-ভনীয়েক পুনৰ এইখন ঘৰত
তোমাৰ কোলাত জনমলৈ নাচিব, হাঁহিব।
এইখন ঘৰ সিহঁতৰ খেল-ধেমালি, হাঁহি-আনন্দৰে
ভৰি পৰিব। যিসকলৰ সেৱা কৰিবপৰা নাই বুলি অনুতাপ কৰিছা, সেইসকলৰ সেৱা মনে বিচৰা ধৰণেই কৰিব
পাৰিবা। পূৰ্বপুৰুষৰ ঋণো পৰিশোধ কৰিব পাৰিবা, ইমান ব্যস্ত হৈছা কিয় ?
ধোবীৰ
মুঠিৰ ভিতৰত শনেইৰ হাত কঁপি উঠিল। ধোবীয়ে এইবোৰ কি কৈছে ? এইখন ঘৰ পুনৰ হাঁহিব? পুনৰ এইখন ঘৰত আনন্দৰ স্ৰোত বাগৰিব? কিন্তু কেনেকুৱা হ'ব এইখন ঘৰৰ ঘৰণী? কোনে তাৰ মাক-দেউতাক, ভায়েক-ভনীয়েকহঁতক কোলাত ল'ব ?
ধোবীৰ
চকুত, তাইৰ অংগী-ভংগীৰ
মাজত যেন সি তাৰ সকলো প্ৰশ্নৰ উত্তৰ পালে। তাৰ ভবিষ্যতৰ গৰ্ভৰ্ধাৰিণীক আলিংগন
কৰিবলৈ ইচ্ছা গ'ল
তাৰ। ইচ্ছা গ’ল
চকুত চকু থৈ সুধিবলৈ- কেতিয়া সেই সৌভাগ্য আহিব, ধোবী ? কিন্তু
ধোবীৰ মুখমণ্ডলত প্ৰস্ফুটিত হৈ আছিল আদিম উচ্ছৃংখলতাৰ বিৰুদ্ধে দৃঢ় অভিব্যত্তি, শনেই সেয়া উপলব্ধি কৰিব পাৰিলে। তাৰ
দুহাতৰ মাজত ধোবীৰ কোমল হাত মুঠা মাৰি ধৰি শনেই ক'লে- কিন্তু মইযে বৰ দুখীয়া, ধোবী !
ধোবীয়ে
আগৰ দৰে অবিচলিত কণ্ঠত ক’লে-
তুমি দুখীয়া নহয়, ককাইদেউ।
ভগবানে তোমাক বুদ্ধি দিছে, তোমাৰ
দেহত শক্তি দিছে, তুমি
দুখীয়া হ’বলৈ
যাবা কিয় ? তোমাৰ
দুৰ্বলতাৰ বিষয়ে মই জানো। অইনৰ সহায় অবিহনে মানুহে উন্নতি কৰিব নোৱাৰে। সেই
বাবেই মই তোমাক দেউতাৰ ওচৰলৈ পঠাইছিলোঁ। তেওঁ মান্তি নোহোৱাত তুমি উভতি আহিলা।
ইমান মান-অভিমান কিয় ? ডাঙৰ
হ'ব খুজিলে আগতে
সৰু হ'ব লাগে। যিয়ে
সহিব পাৰে সিয়ে ডাঙৰ মানুহ হ'ব
পাৰে। তুমি আকৌ এবাৰ
দেউতাৰ ওচৰলৈ যাব লাগিব। তেওঁৰ ওচৰলৈ গৈ টকা দি তুমি তোমাৰ মাটি ওভতাই লোৱা।
টকা!
শনেই ধোবীৰ হাত এৰি দি আশ্চৰ্য প্ৰকাশ কৰি ক'লে- টকা মই ক’ত
পাম ? যি আছিল তাৰে
ঘৰটোৰ ছাউনি দি বাকী টকাৰে দামুৰি এটা কিনিছোঁ। মোৰ ওচৰত এতিয়া টকা নাই।
পুনৰ
তুমি মাটিৰ তলৰ টকা পাবা। এইদৰে কৈয়ে ধোবী কঁকালত গুজি অনা সোণৰ হাড়ডাল উলিয়ালে, চাকিৰ পোহৰত হাড়ড়াল জিলিকি উঠিল।
শনেই আশ্চর্যচকিতভাবে হাড়ডালৰ ফালে চালে।
ধোবীয়ে
ক'লে –এই হাড়ড়াল চিন্তেই চুইৰ নহয়।
হাড়ডাল মোৰ শহুৰে মোক দিছিল। এইডাল মোৰ, মই তোমাক দিলো। এইডাল বিক্ৰী কৰি তোমাৰ মাটি তুমি ওভতাই লোৱা৷ দেউতাই
যদি মাটি ওভতাই দিবলৈ অসন্মত হয়,
নতুন মাটি কিনিবা। ককাইদেউ, হাড়ড়াল তোমাক মই ভিক্ষা দিয়া নাই, এইডাল তোমাৰেই। এইডাল মোৰ কি কামত আহিব ? বহু টকা, সোণ-ৰূপৰ অলংকাৰ মোৰ বাকচত আছিল। মোৰপৰা চাবি খুজি লৈ দেউতাই সেইবোৰ
লৈ গৈছে। এই হাড়ডাল কাপোৰৰ তলত আছিল, সেই বাবে হয়তো এইডাল তেওঁৰ চকুত পৰা নাছিল। চকুত পৰিলে নিশ্চয় তেওঁ
এইডালো নিলেহেঁতেন। তেওঁৰ হাতত পৰিলে মই পুনৰ কেতিয়াও ওভতাই নাপালোহেঁতেন।
ককাইদেউ, তুমি এইডাল
লোৱা। বাকচত বন্দী হৈ থাকিলে সেই ধন-ৰত্নৰ আদৰ ক'ত ? কিমান
শিলগুটি বাটে বাটে পৰি আছে, সেইবোৰ
জানো কাৰোবাৰ উপকাৰত আহিছে?
ধোবী, তই কিয়.......
নাই
নাই, ককাইদেউ, তুমি আপত্তি নকৰিবা ।
ধোবী
শনেইৰ হাতখন পুনৰ মুঠা মাৰি চেপি ধৰি ক'লে- তোমাক আৰু একো ক'বলৈ
নিদিও। পেৰাত যিডাল হাড় বন্দী হৈ আছিল সেয়া মানুহৰ কামত লাগক। তুমি মাটি-বাৰী
কিনি গাঁৱৰ আন পাঁচজনৰ সমান হোৱা,
তাতেই মোৰ অপাৰ আনন্দ মিলিব। কেতিয়াবা যদি মোৰ প্ৰয়োজন হয়, তেতিয়া মই তোমাৰপৰা খুজি ল’ম। তেতিয়া কিন্তু তুমি ‘না’ বুলিব নোৱাৰিবা।
শনেই
ক’লে- মই
মাটি-বাৰী কাৰ বাবে কৰিম? কোনে
সেইবোৰ ভোগ কৰিব? ধোবী, তই মোৰ নাকি ছিগা মনক বান্ধিব খুজিছ
কিয়? ধোবী, তোক মই এষাৰ কথা সুধিব বিচাৰোঁ। মোৰ
অন্তৰাত্মাই বাৰে বাৰে কথাষাৰ সুধিবলৈ সঁকীয়াই আছে। মোৰ অন্তৰাত্মাই তোৰ মুখৰপৰা
সেই প্রশ্নৰ উত্তৰ পাবলৈ উদগ্ৰীৱ হৈ আছে। তোৰ মুখৰপৰা মোৰ প্ৰশ্নৰ উত্তৰ পালে মই
আৰু কোনো দুখ-কষ্ট লৈ ভয় নকৰোঁ। মোৰ মনত আৰু কোনো ধৰণৰ ভাবনাৰো উদয় নহ'ব, মাথোন তই উভতি অহালৈ বাট চাই থাকিম।
শনেইৰ
মুখমণ্ডল সাতো বৰণীয়া বৰণেৰে ৰাঙলি হৈ উঠিল। তাৰ চকু-মুখত ফুটি উঠিল উন্মাদনা।
তাৰ কথাৰ মাজতেই ফুটি ওলাল তাৰ অভিপ্ৰায়, কিমান সৰল-সহজ তাৰ মন!
ধোবী
উপলব্ধি কৰিব পাৰিলে শনেই কি ক'ব
বিচাৰিছে, তাই
উপলব্ধি কৰিব পাৰিলে, শনেইৰ
মনত কি বাসনা, গভীৰ
আগ্ৰহ ঢৌ খেলি আছে। তাই জানে, তাইৰ
সন্মতিসূচক উত্তৰে সমগ্ৰ পৃথিবীৰ লগতো শনেইক যুদ্ধ কৰিবলৈ প্ৰেৰণা যোগাব, তাৰ নিৰ্জীৱ মনক সতেজ কৰি তুলিব, তাৰ নির্জন পঁজা ঘৰত বহুতো স্বর্ণালী
দৃশ্যপটৰ সপোন ৰচিব; কিন্তু
তাই শনেইৰ প্ৰশ্ন শুনাৰ কাৰণে প্ৰস্তুত নাছিল, শনেইৰ প্ৰশ্নৰ উত্তৰ দিবলৈও তাই প্ৰস্তুত নাছিল।
ধোবীয়ে
জানে, দুখীয়া শনেই
কিয় জীয়াই আছে, কিয়
ধৈর্য ধৰি আছে। শনেইৰ প্ৰশ্নৰ উত্তৰত তাই ‘না” বুলিব
নোৱাৰিব। ‘না” শব্দটোৱে শনেইৰ সকলো ছাৰখাৰ কৰি পেলাব।
পড়িৰা বংশৰ নাম এই গাঁৱৰপৰা চিৰদিনৰ বাবে লোপ পাই যাব। ধোবী নিজেও জীয়াই থাকিব
নোৱাৰিব। তথাপি ‘হয়’ বুলি কোৱাৰ সাহসো তাইৰ নাই। কাৰণ সামাজিক
প্রথা, দেউতাকৰ ইচ্ছা, ধনৰ অসাঞ্জস্যতা, ধৰ্মৰ বাধাই দুয়োৰে মাজত বাধাৰ
প্ৰাচীৰ হৈ থিয় দি আছে।
তাইৰ
দুচকু পানীৰে উপচি পৰিল। ক'লে-
ককাইদেউ, মই তোমাৰ ভৰিত
ধৰিছোঁ, মোক একো
নুসুধিবা। তোমাৰ প্ৰশ্ন সোধাৰ সময় এতিয়াও হোৱা নাই। তোমাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহসো এতিয়া মোৰ
নাই। তোমাৰ কোনো প্ৰশ্ন সোধাৰ প্ৰয়োজন নহ'ব। মোৰ উত্তৰ দিয়াৰো প্ৰয়োজন নহ'ব। তুমি ডাঙৰ মানুহ হোৱা, তোমাৰ দুভৰিত মূৰ লগাই মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিমহি।
শনেইৰ
দুভৰিত ধোবীয়ে মূৰ লগালে। তাইৰ চকুপানীৰ তপত স্পৰ্শ শনেই সহ্য কৰিব নোৱাৰিলে ।
শনেই
ধোবীৰ দুবাহুত ধৰি ওপৰলৈ তুলিলে। তাইৰ লোতকেৰে ভৰা চকু- গালেদি বৈ পৰা চকুলো মচি দিলে। তাৰ
হৃদয়ে সেই দেৱী প্ৰতিমাৰ শীৰ্ণ দেহলতা বুকুত সাৱটি ধৰি ক'বলৈ আহ্বান জনালে, তুমি মোৰ, তুমি মোৰ.......
ধোবীয়ে
উপলব্ধি কৰিব পাৰিলে, তাৰ
তাৰুণ্য জাগি উঠিছে।
ঠিক
তেতিয়াই শিৱ মন্দিৰৰ ফালৰ পৰা হৰিবোল আৰু উলুধ্বনিৰ সুৰ ভাহি আহিল।
ধোবীয়ে
সম্বিত ঘূৰাই পালে। মহাদীপ প্রজ্জ্বলন কৰা হৈছে।
ধোবী
বাহিৰৰ ফালে চাই ক'লে-
ককাইদেউ, মই যাওঁ।
তাই
শনেইৰ উত্তৰলৈ অপেক্ষা নকৰি দুৰ্বল ভৰিযোৰ টানি টানি বাহিৰলৈ ওলাই আহিল। সোণৰ
হাড়ড়াল মাটিৰ ওপৰত পৰি থাকিল।
x x x
দৌল
পূর্ণিমা কাষ চাপি আহিছে।
গোপীনাথ
ঠাকুৰৰ মন্দিৰ চৌহদ পৰিষ্কাৰ কৰা হৈছে। বাৰাণ্ডাৰ কাষত বাঁহ পোতা হৈছে। চন্দ্ৰাতপ তৰিব।
বিষ্ণুপুৰত চতুৰ্দ্দশীৰ দিনা ডাঙৰ মেলা বহে। মাজত মাথোন সাতদিন বাকী আছে। আগৰপৰা
প্ৰস্তুত নহ'লে
পাছত বৰ সমস্যাত পৰিব লাগে।
পহৰাজে
নিজেই সকলো কাম চোৱা-চিতা কৰি আছে। মন্দিৰৰ পিছফালে থকা খেৰৰ ভগা পঁজাটোও মেৰামত
কৰা হৈছে। সন্ধিয়াৰপৰা কীৰ্তন আৰম্ভ হ'ব। আগতে যিসকল মৃদংগ বাদক আহিছিল, সিহঁতৰ দক্ষতা দেখি পঁচিছখন গাঁৱৰ মানুহে মূৰ দোঁৱাবলৈ বাধ্য হৈছিল; কিন্তু সিহঁত আজি আৰু নাই। কোনে কোন
অচিনাকি ঠাইত মৃত্যুক সাৱটি ল'ব
লগা হৈছে, তাৰ
হিচাপ কোনেও ৰখা নাই। এতিয়া যিসকল মৃদংগ বাদক ওলাইছে, সিহঁত ন-শিকাৰু, চেমনীয়া, তথাপি তাৰেই কাম চলাব লাগিব।
পহৰাজে
সিহঁতক উৎসাহিত কৰি আছে। গাঁৱৰ মানুহৰ জৰিয়তে ঠাকুৰৰ বেদী পৰিষ্কাৰ কৰোৱা হৈছে।
কিমান গাঁৱৰপৰা ঠাকুৰ আহিব, কত
কীৰ্তন হ'ব! পুৰণি
চন্দ্ৰাতপ এইবাৰ নতুন হৈছে। চিন্তেই চুই পঞ্চাশ টকাৰে ধোবীৰ নামত ঠাকুৰৰ বাবে নতুন
বেদী আৰু নতুন ঘুৰী কিনি আনিছে। গাঁৱৰ আটায়ে ধোবীক ধন্যবাদ দিছে। আ-হা, পৰ জনমৰ কাৰণে ছোৱালীজনীয়ে কিমান
পূণ্য সঞ্চয় কৰি আছে!
চিন্তেই
চুই মাজে-সময়ে আহি ঠাকুৰৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ যায়। বহু আয়োজন কৰা হৈছে।
বিষ্ণুপুৰ গাঁৱৰ মেলেৰীয়াগ্রস্ত,
বসন্ত- হাইজাই গচকি যোৱা, লক্ষীহীন, খাবলৈ-পিবলৈ
নাপাই কামি-হাড় ওলোৱা দুৰ্বল মানুহবোৰে লাকড়ী বাৰী খেলৰ আখড়া কৰি আছে। বেলেগ
গাঁৱৰ মেলালৈ যাব, কাজিয়া-গণ্ডগোল
হ'ব পাৰে, গাঁৱৰ নাম ৰাখিবলৈ বীৰত্ব প্ৰদৰ্শন কৰি
দুই চাৰিজনৰ মুৰো ফালিব লগা হ'ব
পাৰে, তাৰ বাবেই এই
আখড়া। আটায়ে তাৰ বাবে আগ্ৰহেৰে বাট চাই আছে।
ঠিক
তেতিয়াই চিন্তেই চুই মন্দিৰৰ কাজ-কাম চাবলৈ আহিল। লগত আহিল নিধেই চুই। সিহঁতক
দেখি আটায়ে দ্বিগুণ উৎসাহেৰে আখড়া আৰম্ভ কৰিলে। আখড়া ঘৰৰপৰা মৃদংগৰ সুৰ ভাহি
আহিল। পহৰাজ মন্দিৰৰপৰা বাহিৰলৈ ওলাই আহি আটায়েৰে কুশল কামনা কৰিলে। সি চিন্তেই
চুইক উদ্দেশ্য কৰি ক'লে-
এইবাৰ মেলাখন বৰ ভাল হ'ব।
গাঁৱৰ নাম উজলোৱাৰ কাৰণে যথেষ্ট যত্ন লোৱা হৈছে।
চিন্তেই
চুই মিচিকিয়া হাঁহি মাৰি ক'লে-
সেয়াইতো কথা পহৰাজ; আপুনি
থাকিলে কোনো চিন্তা নাই। পিচে, গাঁৱৰ
সকলোকে দেখিছোঁ, শনেইক
দেখোন দেখা নাই ?
পহৰাজে
ক’লে- আখড়ালৈ সি
কোনোদিনে অহা নাই। ল'ৰাবোৰ
চান্দাৰ কাৰণে তাৰ ওচৰলৈ গৈছিল,
তাৰ ওপৰত এসিকি চান্দা ধাৰ্য কৰা আছিল। কিন্তু সি বোলে এটকা আগবঢ়াই
ক’লে- এসিকি
চান্দাৰে পূজাৰ কাম কিনো কৰিবা,
লোৱা মই এটকাকে দিলোঁ।
চুই
গম্ভীৰ হৈ ক’লে-
ল'ৰাজনৰ দেখিছো, বুদ্ধি-শুদ্ধি অলপ আছে। বাৰু পহৰাজ, আপুনি কাম-কাজ শেষ কৰি আমাৰ ঘৰলৈ অলপ
যাবচোন। ধোবীৰ ইচ্ছা অনুসৰি দৌল পূৰ্ণিমাৰ দিনা তোলনীয়া পো লোৱা হ'ব। যাক যাক নিমন্ত্ৰণ কৰিব লগা আছিল, আটাইকে নিমন্ত্ৰণ কৰা হৈ গৈছে। হৰি
মহান্তিয়ে খা-খৰচৰ টোকা প্ৰস্তুত কৰিছে। আপুনি এপাক গৈ সেইবোৰ চাই-মেলি আহিব।
পহৰাজে
সন্মতি সূচক মূৰ দুপিয়ালে। চিন্তেই চুই আৰু নিধেই চুই ঘৰ অভিমুখে ৰাওণা হ'ল। বাটত নিধেই চুই চিন্তেই চুইক
সুধিলে- ককাইদেউ, কথাটো
ধোবীক জনোৱাটো উচিত নাছিল জানো ?
চিন্তেই
চুই মুখখন অলপ গম্ভীৰ কৰিলে, কিন্তু
উত্তৰ দিয়াৰ আৱশ্যকতা বোধ নকৰিলে।
x x x
নিধেই
চুইৰ দুজন পুতেক আৰু এজনী জীয়েক। ডাঙৰ পুতেকৰ নাম ভগবান ওৰফে বগি, বয়স আঠ বছৰ। গাঁৱৰ পঢ়াশলিতে সি
লেখা-পঢ়া শিকি আছে। ল'ৰাজন
ধীৰ-স্থিৰ, শান্ত।
সৰুজন পুতেকৰ নাম বিদ্যাধৰ ওৰফে বিধেই। বয়স পাঁচ বছৰ। বৰ স্ফূর্তিবাজ ল'ৰা। বুদ্ধিমান ও বিচক্ষণ । যি শুনে তাকে মনত
ৰাখিব পাৰে। বয়সিয়াল মানুহৰ দৰে তাৰ
কথা-বতৰা। জীয়েক ৰাণীৰ বয়স দুবছৰ। দেখিবলৈ ধুনীয়া আৰু হাঁহিমুখীয়া।
ল'ৰা-ছোৱালী তিনিটা জন্মৰ পাছৰে পৰা বৰমাকৰ
কোলাত ডাঙৰ-দীঘল হৈছে। নিধেইৰ ঘৈণীয়েক মানে সৰু বোৱাৰী সদায় ঘৰৰ কাম-কাজলৈয়ে
ব্যস্ত থাকে। ল'ৰা-ছোৱালীকেইটাক
জন্ম দিয়ে তাই নিশ্চিন্ত। সিহঁতক লালন-পলান কৰাৰ দায়িত্ব বৰ জায়েকৰ। ধোবীৰ মাকৰ
ল'ৰা-ছোৱালী অন্ত
প্রাণ। ল'ৰা-ছোৱালীৰ
শুকান মুখ তাই সহ্য কৰিব নোৱাৰে। সৰু জায়েকে ল'ৰা-ছোৱালীকেইটাক চম্ভালিবলৈ গ'লে তাই বিৰক্ত হয় ।
ধোবীক
তোলনীয়া পো লৈ দিয়াৰ আয়োজন চলাই থকাৰ কথা কাণত পৰাত ধোবীৰ মাকে অন্তৰত ভীষণ
আঘাত পালে। যি বিধেইক কোলাত
পিঠিত লৈ আদৰ-সোহাগ কৰি লালন-পালন কৰিছে, খঙত তাকেই কোলাৰপৰা নমাই দি তাই
চিন্তেই চুইৰ ওচৰলৈ আহিল। আজি যি হয় হ'ব, তথাপি
তাই গিৰিয়েকক টানকৈ দুই চাৰি কথা শুনাইহে এৰিব। কান্দি থকা পুতেকক কোলাতলৈ বিধেইৰ
মাকো বৰ জায়েকৰৰ পিছে পিছে আহিল ।
চিন্তেই
চুই কাছাৰী ঘৰত খাটৰ ওপৰত বহি আছিল। তাৰ ওচৰত নিধেই আৰু তাৰ পৰা কিছু নিলগত হৰি
মহান্তি আৰু পহৰাজ। সিহঁতৰ মাজত কিবা কথালৈ বাক-বিতণ্ডা চলি আছিল। ধোবীৰ মাকক দেখি
আটায়ে কথা বন্ধ কৰি তাইৰ ফালে চালে। সিহঁতে লক্ষ্য কৰিলে ধোবীৰ মাকৰ চকুত যেন জুইহে জ্বলিছে।
কাৰো
কথালৈ অপেক্ষা নকৰি ধোবীৰ মাকে নিধেই চুইক উদ্দেশ্য কৰি সুধিলে- যি শুনি আছোঁ
সেয়া সঁচা নেকি, নিধেই
? বিধেইক তোলনীয়া
পো লোৱাৰ বাবে আয়োজন চলি থকা কথাটো সঁচা নেকি ?
নিধেই
তলমূৰ কৰিলে। নবৌৰ মুখৰপৰা এনেকুৱা খঙাল কথা আগতে সি কেতিয়াও শুনা নাছিল। চিন্তেই
চুই ঘৈণীয়েকৰ নিলৰ্জ ব্যৱহাৰত বিৰক্ত হ'ল। তেওঁ আগবঢ়ায়ে ক’লে-
ধোবী শহুৰেকহঁতৰ সম্পত্তিৰ পৰিমাণতো কম নহয়, সেইবোৰ দেখা-শুনা কৰিব কোনে ? তদুপৰি নায়েক বংশৰ নাম ৰাখিবলৈও কোনো নাই। ধোবী নায়েক বংশৰ একমাত্ৰ
বোৱাৰী। নটা ছয়টাতো নাই। গতিকে তাই যদি তোলনীয়া পো নলয়, তেনেহ'লে নায়েক বংশৰ সাত পুৰুষৰ পিণ্ডি কোনে দিব? তুমি নিজেওতো পুৰাণ পঢ়িছা, তুমিয়ে ইয়াৰ সমিধান দিয়া।
ধোবীৰ
মাকে খঙেৰে সৈতে উত্তৰ দিলে- নায়েক বংশৰ সাতাম পুৰুষৰ সম্পত্তি উচ্ছন্ন য’ক বা ৰক্ষা পৰক, তাত মোৰ কি আহে যায়! সম্পত্তিৰ লোভত
সময়-অসময়লৈ মন-কাণ নকৰি মোৰ দুগ্ধপোষ্য ছোৱালীজনীক বিয়া দি উলিয়াই দিলে। যাৰ
হাতত ধৰি ওলাই গ'ল, তাৰ মুখখন চিনি পোৱাৰ আগতেই তাই শিৰৰ
সেন্দুৰ মচিব লগা হ'ল।
মানব দেহ ধাৰণ কৰি এয়া জানো সহ্য কৰিব পাৰি?
কথা
কৈ থাকোঁতেই ধোবীৰ মাকৰ চকুপানী ওলাল। তাই পূৰ্বৰ দৰেই খঙেৰে সৈতে ক'বলৈ ধৰিলে- যিসকলে সম্পত্তিৰ লোভত মোহ
গৈ ধোবীৰ চকুত চকুপানী বোৱালে, সিহঁতেই
গৈ নায়েক বংশৰ কুল উদ্ধাৰ কৰকগৈ। ধোবী তোলনীয়া পো ল’বলৈ যাব কিয় ?
চিন্তেই
চুই বাধা দি কৈ উঠিল- তোমাৰ লাজ-মান নাই নেকি ? ঘৰৰ বোৱাৰী হৈ বাহিৰলৈ ওলাই আহি ভদ্ৰলোকৰ আগত প্ৰতাপ দেখুৱাইছা ? যোৱা, ভিতৰলৈ যোৱা ।
ধোবীৰ
মাকৰ খঙৰ মাত্ৰা চৰি গ'ল।
ক'লে তাই- লাজ-মান
কৰা কাৰণেহে মোৰ সৰ্বনাশ কৰিব পাৰিছা। আৰু লাজ-মান নকৰোঁ। মোৰ শেষ কথা শুনা, মই জীয়াই থাকোঁতে ধোবীক তোলনীয়া পো
ল'বলৈ নিদিও। যি হ’বৰ হ’বহি, দিন
মজদুৰৰ হাততে মই পুনৰ ধোবীক গতাম। ধোবী মোৰ একমাত্ৰ ছোৱালী, এই সম্পত্তিৰ আধা তাই পাব। তোমাৰ ভাগৰ
সম্পত্তি তাইৰ নামত লেখি দিয়া। পৰৰ ঘৰলৈ গ'লে নায়েক বংশৰ সম্পত্তি নাপায় যদি নাই। সেই সম্পত্তি ভূতে খাওঁকগৈ।
অন্ততঃ মোৰ ছোৱালাজনীতো সুখী হ’ব।
চিন্তেই
চুই খঙৰ ভমকত হাঁহি উঠিল- কথাৰ সুৰ কোমল কৰি ক'লে- বাৰু, এতিয়া
তুমি ভিতৰলৈ যোৱা, বহু
উপদেশ দিয়া হৈছে।
ধোবীৰ
মাকে ক'লে- উপদেশ শুনাৰ
মন নাই যদি আপত্তি নাই। তোমাৰ সম্পত্তি নিদিয়া যদি কথা নাই। নিধেইতো তোমাৰ ভক্ত, তাৰ ল'ৰা- ছোৱালীয়ে সকলো ভোগ কৰকগৈ। মই এই দৌল পঞ্চমীৰ ভিতৰতে ধোবীক
বিয়া দি উলিয়াই দিম। দৰা যদি দিন মজদুৰ হয় তায়ো মজুৰি কৰিয়ে খাব। বনেই পড়িৰাৰ
পুতেক শনেই উভতি আহিছে। ধোবীক তাৰ হাততে গতাম।
তাইৰ
কথা শেষ হোৱাৰ লগে লগে শনেই আহি দুৱাৰ মুখত থিয় হ'লহি। স্বামীৰ আগত যি নাম তাই উচ্চাৰণ কৰিছিল, স্বয়ং তাক দুৱাৰ মুখত থিয় দি থকা দেখি তাই লাজত ভিতৰলৈ সোমাই গ'ল।
শনেই
সোমাই আহি আটাইকে প্রণাম জনালে । ধোবীৰ মাকৰ মুখত সি মাথোন তাৰ নামটোহে শুনিছিল আৰু কিবা
কৈছিল যদিও কথাকেইটাহে তাৰ কাণত পৰিছিল; কিন্তু কি কৈছিল একো বুজিবপৰা নাছিল। সকলোকে গম্ভীৰ দেখি সি
অপ্ৰস্তুত হ'ল, কিন্তু সি ঘৰৰপৰা ওলাই যাবলৈ সাহস
গোটাব নোৱাৰিলে।
বুদ্ধিমান
চিন্তেই চুই হৈ যোৱা কথা মনৰপৰা দলিয়াই পেলাই হাঁহি মাৰি ক'লে- আৰে, শনেই বোপা দেখোন! আহ,
বহ, বহ।
আমি তোৰ কথাকে আলোচনা কৰি আছিলোঁ। সিদিনা আখড়ালৈ যোৱাত গাঁৱৰ ডেকা-বুঢ়া আটাইকে
দেখিলোঁ, কিন্তু তোক
নেদেখিলোঁ। মাথোন চান্দা
দিলেই নহ'ব, মানুহ যদি যোগদান নকৰে— পূজাৰ কাম চলিব কেনেকৈ? বহচোন, বহ।
শনেই
কঁপা কঁপা ভৰিৰে আগবাঢ়ি আহি খাটৰ কাষত বহি ক’লে- মই পূজাৰ কামৰ বাবে আপোনাৰ ওচৰলৈ অহা নাই। সেইবোৰ আপুনি বুজিব, মোৰ দৰে সাধাৰণ মানুহৰ সেইবোৰ বুজিবলৈ
সময় নাই। মোৰ কাম আপোনাৰ ওচৰতহে।
চিন্তেই
চুই ঠাট্টাৰ সুৰত ক'লে-
কি কামনো ?
শনেই
ক’লে- মোৰ খেতিৰ
মাটি উভতাই দিয়ক আৰু আপোনাৰ কিমান টকা পাব লগা আছে বুজি লওঁক।
কথা
শুনি আটায়ে আশ্চৰ্য হৈ শনেইৰ ফালে চালে। ভাবিলে, শনেইৰ সাহতো কম নহয়,
লোকৰ ঘৰত মজুৰি কৰি টকা সাঁচিছে, দহ বিঘা মাটিৰ টকা ঘূৰাই দিবলৈ আহিছে!
চিন্তেই
চুই ক’লে- মাটিৰ মূল্য
তই ঘূৰাই দিব পাৰিবি?
শনেই
ক’লে- বৰ্তমান
মাটিৰ যি মূল্য আছে, সেই
হিচাপে মোৰপৰা টকা বুজি লওঁক। মই টকা যোগাৰ কৰিছোঁ।
চুইয়ে
ক’লে- বর্তমান
মাটিৰ কি মূল্য আছে সেয়া মই নাজানো। তই যদি মাটি ঘূৰাই নিব খুজিছ এহেজাৰ টকা মোক
দি যা আৰু তোৰ মাটি তই ঘূৰাই ল'।
বর্তমান
মাটিৰ মূল্য হিচাপে আপুনি মোৰপৰা এশ পঞ্চাশ টকা পাব লগা আছে। মই সেইখিনিকে যোগাৰ
কৰিছোঁ।
চুইয়ে
হাঁহি মাৰি ক'লে-
তেনেহ'লে তই বেলেগ
ঠাইত কিনগৈ। বিক্ৰী কৰাৰ বাবে মই তোৰ দেউতাৰৰ পৰা মাটি কিনা নাই। যদি তোৰ কিনিবলৈ
ইচ্ছা আছে, মই
বিচৰা মতেই টকা দিব লাগিব, নহ'লে মই মাটি বিক্ৰী নকৰোঁ। মহান্তিয়ে
বা কি কয় এই বিষয়ে?
হৰি
মহান্তিয়ে ক’লে-
বেচা-কিনা হ'ল
এজনৰ ইচ্ছাৰ কথা। বেচা-কিনা কৰিবলৈ এজনক বল প্রয়োগ কৰিব নোৱাৰি।
শনেই
বহাৰপৰা উঠি পুনৰ আটাইকে প্রণাম কৰি ঘৰৰ ভিতৰৰপৰা ওলাই গ'ল।
শনেই
ওলাই যোৱাৰ পাছত নিধেই চুই হৰি মহান্তিক উদ্দেশ্য কৰি ক'লে- নবৌৰ অনুমতি নোহোৱাকৈ মই একো ক'ব নোৱাৰিম। নবৌ বিৰক্ত হৈছে, এতিয়া কাগজ-পাতি বান্ধি থওঁক। কেইদিন
মান পাছত বুজি-মেলি কিবা এটা কৰিব পৰা যাব।
নিধেইৰ
কথা শুনি চিন্তেই চুই গর্জি উঠি ক’লে-
মাইকী মানুহে মামলা-মোকৰ্দমাত লাগিলে, ৰান্ধনি ঘৰ চম্ভালিব কোনে ? নবৌয়েৰৰ কথামতে চলিলে সংসাৰ ভাঙিবলৈ দুদিনো নালাগিব। তোলনীয়া পো
লোৱাৰ কাম বন্ধ কৰা নহ'ব।
মহান্তি, আপুনি খৰচৰ
হিচাপ পাতি লেখক।
নিধেই
প্রতিবাদ কৰিবলৈ সাহস গোটাব নোৱাৰিলে। সি বহাৰ পৰা উঠি থিয় হ'ল।
চিন্তেই
চুই ধমকিৰ সুৰত ক’লে-
ক’লৈ যোৱা ? বহা। মহান্তিক হিচাপ পাতি লেখাত সহায়
কৰা। এইদৰে কৈ পহৰাজক উদ্দেশ্য কৰি ক'লে- ব’লক
পহৰাজ, পূজাৰ কাম-কাজ
কিমানদূৰ আগবাঢ়িল চাই আহোঁগৈ।
দুয়ো
বহাৰ পৰা উঠি থিয় হ'ল।
x x x
চুই
ঘৰত যে জুই জ্বলি উঠিছে, ধোবী
বা আন সকলোৰে এই কথা উপলব্ধি কৰিবলৈ পলম নহ'ল। খুৰীয়েকৰ থমথমীয়া মুখমণ্ডল, মাকৰ কান্দোনমুৱা উদাস ভাব, দেউতাকৰ প্রকৃতি বিৰুদ্ধ নীৰৱতা আৰু খুৰাকে ধোবীৰ ঘৰত প্ৰবেশ নকৰাৰ
প্ৰৱণতাৰপৰা পৰা ধোবীয়ে উপলব্ধি কৰিব পাৰিলে যে, ঘৰত কিবা গুৰুতৰ ঘটনা ঘটিছে। কিন্তু তাই এই বিষয়ে কাকো একো
নুসুধিলে। কথাটো যেতিয়া প্ৰচাৰ হৈ গ'ল আৰু গাঁৱৰ মানুহে কথাটো গম পালে তেতিয়া এদিন টিমিয়ে আহি প্ৰশ্ন
সোধাৰ চলেৰে কথাটো ধোবীক কৈ দিলে- শুনিছানে ধোবী বাইদেউ, তোৰ দেউতাৰ আৰু খুৰায়েৰ বোলে বেলেগ হ'ল ? তোৰ মাৰ আৰু দেউতাৰৰ বোলে কাজিয়া? মাৰে হেনো কৈছে, দৌল
পূৰ্ণিমাৰ ভিতৰতে তোৰ বিয়া পাতিব ?
দেউতাৰে হেনো কৈছে,
তোক তোলনীয়া পো লৈ দিব? শনেই হেনো আহিছিল টকা ঘূৰাই দি মাটি ওভতাই ল'বলৈ ? খুৰায়েৰে ক'লে-
দিয়া, দেউতাৰে হেনো ক’লে- নিদিওঁ। শনেই হেনো নিৰাশ মনেৰে
উভতি গ'ল ?
প্ৰতিটো
কথাই ধোবীৰ হৃদয়ত শেলৰ দৰে আঘাত কৰা সত্ত্বেও তাই নীৰৱে শুনি গ'ল। মুখ খুলি এটা উত্তৰো নিদিলে। তাই
এটা ক’লে, টিমিয়ে পুনৰ আন এটা প্ৰশ্ন সুধিব।
তেতিয়া উমি উমি জ্বলি থকা জুইকুৰা দপদপাই জ্বলি উঠিব। সেয়ে টিমিয়ে কোৱা কথাবোৰ
তাই মনে মনে শুনি গ’ল।
কথাৰ সত্যসত্যতা বিচাৰ কৰাৰো তাইৰ সাহস নহ'ল। তাই অকলে বহি বহি ভাবিবলৈ ধৰিলে, এতিয়া কি তাইৰ কৰ্ত্তব্য?
তাই
ভাবিলে, আটায়েৰে ওচৰলৈ
গৈ সঁচা-মিছাৰ বুজ ল'ব। আটায়েৰে
ভৰিত ধৰি মিনতি কৰিব, তাইৰ
দুৰ্ভগীয়া জীৱন, জ্বলি-পুৰি
ছাই হোৱা ভবিষ্যত সুখৰ কৰিবলৈ তাই চুই ঘৰৰ সুখৰ সংসাৰত কিয় অশান্তিৰ জুই জ্বলাব ? কিন্তু এই বিষয়ে এষাৰ কথাও সুধিবলৈ
তাইৰ সাহস নহ'ল।
যিমান দিনলৈকে তাই এই ঘৰৰ জীয়ৰী আছিল, আছিলেই; কিন্তু
যিদিনা তাই পৰৰ হাতত ধৰি পৰৰ ঘৰলৈ গ'ল, সিদিনাৰপৰা
এই ঘৰৰ কোনো বস্তুতে তাইৰ অধিকাৰ নাই। নিজৰ ঘৰতে তাই এতিয়া অতিথি।
শহুৰেকৰ
ঘৰৰ মাটিয়ে তাইক মাতিছে। যিসকলৰ চেনেহ মৰমে তাইক বান্ধি ৰাখিছিল, চেনেহৰ এনাজৰী চিঙি তাইক নিঃসহায় কৰি সেইসকল গুচি গৈছে, সিহঁতে যেন ধোবীৰ হৃদয়ত প্ৰৱেশ কৰি কৈ
আছে- আৰে, তোৰ
নাই কি? নায়েক ঘৰৰ
বোৱাৰী হৈ পৰৰ ঘৰত থাকি চকুপানী বোৱাবি কিয় ? তাই কিয় স্বামীৰ আধৰুৱা কাম সম্পন্ন কৰিবলৈ মন-প্রাণ উছৰ্গা কৰি
ধন-সম্পত্তি ব্যয় নকৰিব? নায়েক
বংশ লোপ পাইছে। যি বংশই অনন্তকালৰ বাবে জীয়াই থাকিবলৈ ইমান ধন-সম্পত্তি আৰ্জিছিল
সেই বংশত আজি কোনো নাই। এতিয়া সেই সঞ্চিত ধনৰ কি হ’ব?
তোলনীয়া
পো ল’লে নায়েক বংশৰ
তেজতো আৰু নাথাকে, থাকিব
মাথোন বংশৰ নামটোহে। অনাদি কালৰপৰা বৈ অহা নায়েক বংশৰ তেজৰ সোঁত বন্ধ হোৱাৰ ফলত
পুনৰ বেলেগ বংশৰ ল'ৰা
আহি নায়েক বংশৰ নামলৈ বংশৰ নাম ৰাখিব, কিন্তু সেই নাম যে চিৰদিন জীয়াই ৰাখিব তাক
কোনে ডাঠি ক'ব
পাৰে ? সকলো নামৰ বাবে
বলিয়া। নায়েক বংশৰ সঞ্চিত ধন যদি পুনৰ যি সকলৰ ধন সেই সকলৰ হাতলৈ ঘূৰি যায়, নায়েক বংশৰ কিমান আত্মীয়-স্বজনৰ জীৱন
বাচিব। ধোবী তোলনীয়া পো ল'ব
লাগিব কিয় ? স্বামী-শহুৰেকৰ
আধৰুৱা কাম তাই কিয় হাতত নল’ব?
এবছৰমান
আগৰ কথা মনত পৰি গ'ল ধোবীৰ। ঠিক এইটো দিনেই
আছিল সিদিনা। দৌল পূর্ণিমালৈ কেইটামান দিনহে বাকী আছিল। ৰোগাক্ৰান্ত মানুহৰ সেৱা-শুশ্রূষা
কৰিবলৈ স্বামী-শহুৰেক ওলাই গৈছিল। তেতিয়া দৌল উৎসৱ; হোলীৰ পৰিৱৰ্ত্তে কন্দোনৰ ৰোল, কেঁকনি-গেঁথনিৰ উৎসৱ চলি আছিল।
ধোবীৰ
দেহ কঁপি উঠিল।
তাই
কে’লেই ৰৈ আছে ? স্বামী-শহুৰেক-শাহুৱেকৰ মৃত্যু বার্ষিকী
কাষ চাপি আহিছে। সিহঁতৰ বিদেহ আত্মা তাইৰ ফালে চাই আছে। বংশৰ বোৱাৰী ধোবী, তাই তোলনীয়া পো লোৱাৰ পৰিৱৰ্ত্তে
হেজাৰ হেজাৰ দুৰ্ভগীয়াৰ মুখত আহাৰ তুলি দিবলৈ যাব। এজন মাথোন ল'ৰাৰ আলপৈচান নধৰি বাটে-ঘাটে পৰি থকা
হেজাৰ হেজাৰ মানুহৰ আলপৈচান ধৰিবলৈ যাব। মাথোন এজন ল'ৰাক সম্পত্তিৰ অধিকাৰ নিদি সকলো ল’ৰাক সম্পত্তিৰ অধিকাৰ দি সুন্দৰ সংসাৰ
গঢ়ি দিব। মাথোন এজন ল'ৰাৰ
মুখৰ মাতৰ পৰিৱৰ্ত্তে হেজাৰ হেজাৰ ল'ৰা-ছোৱালীৰ মুখৰ মাত শুনিব। তাইৰ মনৰ কথা স্বামী-শহুৰেকে নিশ্চয়
বুজিব পাৰিব। হাস্যমুখৰ, তৃপ্ত
আঁখিৰ শ শ চকুৰ চকুপানীৰ আনন্দ স্রোত বৈ যাব আৰু সেই চকুপানী অঞ্জলি পাতি ল'ব তাইৰ স্বামী-শহুৰেক-শাহুৱেকে। ধোবী চমকি উঠিল।
দিনৰ
পোহৰ নুমাই গ'ল।
খিড়কিৰ ফাঁকেৰ জোনৰ পোহৰ আহি ঘৰৰ ভিতৰত পৰিছে। দেৱালৰ সিফালৰপৰা ভাহি আহিছে কীৰ্ত্তন ধ্বনি।
তাইৰ চকুত পৰিল নতুন পোহৰ, তাইৰ
কাণত বাজি উঠিল নতুনৰ আহ্বান। তাই অনুভৱ কৰিলে, তাই মুক্ত, তাই
নিশ্চিন্ত। কোনেও তাইক বন্দী
কৰি ৰাখিব নোৱাৰে। দেউতাক-খুৰাকৰ ঘৰত তাই বন্দী হৈ আছে। সিহঁতৰ চেনেহৰ
এনাজৰীত তাইৰ দেহ বান্ধ খাই আছে।
তাই
মুক্ত হ'বলৈ বিচাৰে। তাই বিচাৰে তাইৰ
বাবে সকলো ঘৰৰ দুৱাৰ খোলা থাকক। সকলোকে তাই চেনেহৰ এনাজৰীৰে বান্ধিব বিচাৰে। মাক-দেউতাকৰ
ঘৰ তাইৰ জন্মস্থান— কৰ্মক্ষেত্ৰ
নহয়। তাই তাইৰ
কৰ্মক্ষেত্ৰলৈ যাব। মাক-দেউতাক-খুৰাকৰ চেনেহ, মায়া-মমতাৰ বাহিৰলৈ গুচি যাব।
ৰূপালী
জোনৰ ৰূপালী পোহৰ গছ-গছনিৰ ওপৰেদি হাঁহি হাঁহি উঠি আহিছে। পোহৰে চোতালত ঢৌ খেলি গ'ল। কিমান ভাল লাগিছে শীতল বায়ু, নিশ্চল ঘৰ-দুৱাৰ। পাক ঘৰৰপৰা সাজ-বাচনৰ
ঝন ঝন শব্দ ভাহি আহিছে।
চোতালৰ
একাষত থিয় হৈ মাকে কাৰোবাক কিবা কৈ আছে। কথাবোৰ কাণ পাতি শুনিবলৈ আগ্ৰহ গ'ল তাইৰ। ঘৰত কি কাৰণত অশান্তিৰ জুই
জ্বলিছে মাকৰ কথাৰপৰা তাই নিশ্চয় ধাৰণা কৰিব পাৰিব। তাইৰ কাণত পৰিল মাকে কৈছে-
বোপা, শনেইক অকণমান
মাতি দিবা নেকি, মই
তাৰ লগত অলপ কথা হ'ব
বিচাৰোঁ ।
মাকৰ
কথাৰ উত্তৰ দিয়া মানুহজন হ'ল
চন্দা জেনা। সি ক'লে- আপুনি যাব, নে তাক ইয়ালৈ আহিবলৈ ক’ম ?
নিধেই
এতিয়া আছে ক'ত ? মাকে সুধিলে।
সিহঁত
ঠাকুৰ ঘৰৰ বাৰাণ্ডাত বহি আছে। ৰাম পহৰাজ, হৰি মহান্তি, বাম
ওঁজাৰ লগত কথা পাতি আছে।
কি
কথা পাতিছে ?
মই
শুনা নাই। মোক টিমিয়ে আপুনি মতা বুলি ক’লে। সেয়ে মই মন্দিৰৰপৰা পোনে পোনে ইয়ালৈ আহিছোঁ।
হেৰা
বোপা, টিমিয়ে মোক ক'লে, তুমি বোলে তাইক কৈছা,
শিৱৰাত্ৰিৰ দিনা শনেইয়ে ধোবীক মন্দিৰলৈ আগবঢ়াই থ'বলৈ গৈছিল ?
হয়, মই সিহঁতক মন্দিৰৰ বাহিৰত দেখিছিলোঁ।
দুয়ো
কিছুপৰ মনে মনে থাকিল। কিছু সময় পাছত ধোবীৰ মাকে হুমুনিয়াহ কাঢ়ি ক’লে- বাৰু চন্দ্ৰা, তই শনেইক মাতি দে। যা, সোনকালে যা। মই ইয়াতে থিয় দি থাকিম।
ধোবীৰ
শৰীৰ কুঁহিপাতৰ দৰে কঁপি উঠিল। তাইৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে। তাৰপৰা তাই
কেনেকৈ গুচি আহিব সেই বুদ্ধিকণো তাইৰ লোপ পালে। তাই থৰক-বৰক খোজেৰে খুপি খুপি খোজ
পেলাই নিজৰ কোঠালিলৈ আহিল। মূৰ্চ্ছা যোৱাৰ দৰে তাই খাটৰ ওপৰত ঢলি পৰিল। আইতাকে আহি
কেতিয়া লেম জ্বলাই দি গ'ল
তাকো তাই ক'ব
নোৱাৰিলে ।
ধোবীৰ
হৃদয়ত ভাবনাৰ ধুমুহা ব’বলৈ
ধৰিলে। ক্রোধ, অভিমান
সকলো যেন একেলগে তাইৰ দুৰ্বল মগজুক থকা-সৰকা কৰিবলৈ ধৰিলে। কাক তাই বিশ্বাস কৰিব ? টিমিয়ে মাকক সিদিনাৰ সেই কথা ক'লে কিয় ? টিমি যাক তাই আপোন বুলি ভাবিছিল, সেইজনী টিমিয়ে তাইৰ নামত দুর্নাম
ৰটালে কিয় ?
তাই
এনেকুৱা কিয় কৰিলে ?
দুখীয়া
শনেইক দয়া দেখুৱাবলৈ, তাক
কুলত উঠাবলৈ তাই তাৰ ঘৰলৈ গৈছিল। সেইখিনিয়ে মাথোন। শিৱৰাত্ৰিৰ নিশাৰ সকলো ঘটনা তাইৰ মনত
পৰিল। সেই সামান্য ঘটনাযে ইমান দূৰলৈ আগবাঢ়িব তাই বিশ্বাস কৰিবলৈ টান পালে। তাইৰ বিশ্বাসো নহ'ল। শনেইৰ মুখমণ্ডল তাইৰ চকুৰ আগত
উদ্ভাসিত হৈ উঠিল। লাজত তাই চকু মেলি চাব নোৱাৰা হ'ল। শনেই তাইৰ হাতত ধৰিছিল। তাই কি কৈছিল আৰু শনেই কি উত্তৰ দিছিল ?
তাইৰ
ধাৰণা হ’ল, তাই অক্ষমণীয় অপৰাধ কৰিছে। উত্তেজনাত
অন্ধ হৈ শনেইক সাহায্য কৰিবলৈ গৈ তাই তাৰ অন্তৰত জুই জ্বলাইছে; ভৱিষ্যতৰ সপোন দেখুৱাই তাক বলিয়া কৰি
তুলিছে। শনেই বলিয়াৰ দৰে কামত মন-প্রাণ ঢালি দিছে। অপমান, কিল-ভুকু একোকে সি এতিয়া গ্ৰাহ্য নকৰে । দেহৰ তেজ নিগৰাই
সি ডাঙৰ মানুহ হ'বলৈ
পণ কৰিছে।
কিন্তু
কিয় ?
ধোবী
জানে ইয়াৰ কাৰণ কি ? তাই
জানে, তাই মাথোন শনেইক
তরুণীসূলভ উত্তেজনাবশতঃ সাহায্য কৰা নাই। শনেইক তাই ভাল পায়। ল’ৰালি দিনৰ খেল-ধেমালি, হাই-উৰুমি, মান-অভিমানৰ দিনৰেপৰা তাই শনেইক ভাল
পায়। কিন্তু শনেইক ভাল পাবলৈ তাইৰ কি অধিকাৰ আছে ? তাই যে নায়েক বংশৰ বিধবা বোৱাৰী!
আজিৰপৰা
শনেইৰ লগত তাইৰ সকলো সম্পর্ক ছিন্ন হৈ যাওঁক। চিৰদিনৰ বাবে তাইৰ মনৰপৰা শনেইৰ চিন্তা ধুই মচি
যাওঁক। বাট-ঘাটৰ শ শ ভিক্ষুকৰ মাজৰ শনেয়ো এজন আছিল। ধোবীয়ে তাক সহায় কৰিছে।
এতিয়া সি নিজৰ বাটতে বাট ব’লক।
পৃথিবীত সুখেৰে সংসাৰ পাতক। ধোবীৰ লগত তাৰ কি সম্পর্ক ?
তাই
বিছনাত উঠি বহিল। আইতাকে মাতিলে,
কিন্তু সেই মাত তাইৰ কাণত প্ৰৱেশ নকৰিলে। তাই কোঠালিৰ পৰা পোনে পোনে
বাহিৰলৈ ওলাই আহিল ৷
বাহিৰত
জোনৰ পোহৰত মাক থিয় দি আছে। মাকৰ সন্মুখত থিয় হৈ চন্দ্ৰাই উচ্চকণ্ঠত কৈ আছে, তাৰ জেদ কিন্তু কম নহয়, কিমান মাতিলো, কিন্তু সি নুশুনিলেই। শেষত সি বিৰক্ত হৈ
ক’লে, মই চিন্তেই চুইৰ ঘৰলৈ নাযাও, চন্দা। যা, কৈ দিবি, মই
দুখীয়া সঁচা, তথাপি
মোৰ আত্মসন্মান আছে। ভগবানে যিমান দিনলৈকে জীয়াই ৰাখিব, মূৰৰ ঘাম সৰালে দুবেলা দুমুঠি খাবলৈ
দিব, চুইৰ ঘৰত ভিক্ষা
নাপাই অন্নসত্ৰত আশ্ৰয় লৈছিলো। সকলো মৰি-হজি গ'ল। এবাৰ নহয় দুবাৰ চুইৰ ঘৰলৈ গৈ আতা-বোপাৰ সম্পত্তি বিচাৰিলোঁ, কিন্তু তেওঁ মান্তি নহ'ল। পুনৰ কিহৰ বাবে যাম ?
মই
মাতা বুলি কৈছিলি নেকি ?
ধোবীৰ মাকে সুধিলে।
হয়, কৈছিলোঁ। সি উত্তৰ দিলে, চুইৰ স্ত্ৰীও তাৰ ঘৰৰ বাহিৰৰ লোক নহয়, তাইৰ মুখৰপৰাও কোনো দিনে আস্ শব্দ শুনা
নাই। আজি তাইৰ কথা অনুসৰি এই ৰাতিখন দৌৰি যাম নেকি? যা, তই
কৈ দিবি, মই চাকৰ, মই মহাদেৱলৈ ভয় নকৰোঁ, মৰিব যদি লাগেই মান বচাই মূৰ দাঙি মৰিম।
চন্দৰাৰ
মুখত শনেইৰ কথা শুনি ধোবীৰ দেহ ৰোমাঞ্চিত হৈ উঠিল। তাই জানে, শনেই পড়িৰা বেঁকা হ'ব; কিন্তু নাভাঙিব। চেনেহ, মৰমৰ ওচৰত যিজন বিক্ৰী হয়, সি কাৰো ৰঙা চকুলৈ ভয় নকৰে। যাৰ মৰম চেনেহ আছে সিয়েই একমাত্ৰ মানুহ
আৰু মৰম-চেনেহ, মায়া-মমতাহীন
মানুহ পশুতকৈও অধম।
তাই
বিশেষ আৰু কিবা শুনিবলৈ অপেক্ষা নকৰি মাকৰ কাষলৈ গৈ মাতিলে- মা!
মাকে
পিছফাললৈ ঘুৰি চাই সুধিলে- কি হ’ল
আই ?
ধোবীয়ে
ক’লে- মই তোমাক
বিচাৰি আছোঁ।
কিয়
আই ?
চন্দৰাক
উদ্দেশ্য কৰি ধোবীয়ে ক’লে-
চন্দ্ৰাই, তুমি
হৰি মহান্তিক অকণমান মাতি দিবা নেকি? বৰ জৰুৰী সকাম আছে।
চন্দৰাই
সেমেনা-সেমেনি কৰিবলৈ ধৰিলে।
ধোবীৰ
মাকে ক’লে- যা, বোপা মাতি দেগৈ।
চন্দৰা
গুচি গ'ল।
ধোবীৰ
মাকে কিবা ভাবি খন্তেক পাছত সুধিলে- মহান্তিক মাতিছা কিয়, আই?
ধোবীয়ে
লগে লগেই উত্তৰ দিলে- অহা কালি ৰাতিপুৱা দূৰ্গাপুৰলৈ যাম। শহুৰহঁতৰ মৃত্যু
বার্ষিকী কাষ চাপি আহিছে। মই নকৰিলে আৰু কোননো আছে কৰিবলৈ ?
ধোবীৰ
মাকে দীর্ঘশ্বাস এৰিলে।
খুড়াক-খুড়ীয়েকৰ
বাহিৰেও আটায়ে বুজালে, তাই
দূর্গাপুৰলৈ নগ'লেও, শহুৰেকৰ ক্ৰিয়া-কৰ্ম ভালদৰেই অনুষ্ঠিত
হ'ব, কিন্তু কাৰো কথা তাই নুশুনিলে। কোনো
ধৰণৰ তৰ্ক-বিতর্কও নকৰিলে। এনেকি কাৰো কোনো প্ৰশ্নৰ উত্তৰো নিদিলে। তাই আঁকোৰগোজ
হৈ থাকিল, তাই
দূৰ্গাপুৰলৈ যাব আৰু নিজৰ হাততে সকলো কৰিব।
ধোবীক
কোনেও বুজাব নোৱাৰিলে। চিন্তেই চুই ভবিলে, হয়তো তাৰ স্ত্ৰীৰ কু-পৰামৰ্শ অনুসৰি তোলনীয়া পো লোৱা বন্ধ
কৰিবলৈয়ে তাই দূর্গাপুৰলৈ যাবলৈ আঁকোৰগোজ হৈ আছে। যিজনী ছোৱালী দেউতাক-খুড়াকৰ
সন্মুখত মূৰ তুলি থিয় নহয়, যিজনীয়ে
মুখলৈ চাই কথা ক'বলৈ
সাহস নকৰে, তাই
আজি অবাধ্য হ'বলৈ
সাহস গোটাইছে ক'ৰপৰা
? স্ত্ৰীৰ
কু-পৰামৰ্শৰ বাহিৰে বেলেগ একো হ'ব
নোৱাৰে !
চুই
চতুৰ মানুহ। বৈ যোৱা সোঁতক ভেটা দিয়া তেওঁৰ স্বভাৱ নহয়। বৈ যোৱা সোঁতক নিজৰ
উদ্দেশ্য সাধনত ব্যৱহাৰ কৰিবলৈ তেওঁ সিদ্ধহস্ত। জীয়েকৰ অবাধ্যতা দেখিও তেওঁ ধৈর্য
ধৰি ক'লে- ভাল বাৰু, নিজ হাতে ধোবীয়ে শহুৰেকৰ ক্রিয়া-কৰ্ম
কৰিলে তাইৰ মনলৈ শান্তি আহিব। তাইৰ বাহিৰে আৰু নায়েক বংশৰ আছে কোন ?
পহৰাজে
ক’লে-একেবাৰে ঠিক
কথা। সময়ে সময়ে নগ'লে
মানুহবিলাকৰ লগত সৌহৃদ্যও নাথাকিব,
ইফালে নগ'লে
ভালো নেদেথি।
চুইয়ে
ক’লে- তাইৰ লগত
তাইৰ মাক আৰু খুড়াকো যাওঁকগৈ। পহৰাজ তুমিও যোৱাগৈ। মহান্তিতো তাতে আছেই। ধোবীৰ যেনেকুৱা
ইচ্ছা সেই অনুসৰিয়ে কাম হ'ব। খৰচ যি হওঁক, কোনো কথাতে যাতে তাইৰ মনত অশান্তি
নহয়। কাৰ্য সমাধা কৰিয়ে আটায়ে গুচি আহিব। মই ইয়াৰ ঠাকুৰৰ কাম-কাজ অকলেই
চোৱা-চিতা কৰিম।
চিন্তেই
চুইৰ কথা অনুসৰিয়ে কাম হ'ল।
চতুৰ্দ্দশীৰ
দিনা কামৰ হেঁচা বাঢ়ি গ'ল।
ব্রাহ্মণ ভোজন, ভিক্ষুক
ভোজন, দুখীয়া-দৰিদ্ৰক
দান, ঠাকুৰ পূজা, গাঁৱলীয়াক নিমন্ত্ৰণকে আদি কৰি
বিভিন্ন বিষয়লৈ দুই তিনিদিন দূর্গাপুৰত হুলস্থূল হ'ল।
কাৰ্য
সমাধা কৰি আটায়ে উভতি আহিল যদিও ধোবী দূর্গাপুৰতে থাকি গ'ল। চিন্তেই চুই নিজে গৈ ধোবীক বুজালে, কিন্তু ধোবী জেদ ধৰিলে যে, তাই কিছুদিন দূর্গাপুৰতে থাকি যাব আৰু
মাটি-বাৰীৰ খা-খবৰ ল'ব।
বাধ্য
হৈ চিন্তেই চুই বিষ্ণুপুৰলৈ উভতি আহিল। যুৱতী জীয়েকক অচিনা-অজানা ঠাইত এৰি আহিবলৈ ধোবীৰ মাকৰ মন
নোযোৱাত তাই ধোবীৰ লগতে থাকি গ'ল।
চিন্তেই
চুই দূর্গাপুৰৰপৰা উভতি অহাৰ সময়ত হৰি মহান্তিক মাতি ক’লে- সাৱধান, ধোবী অবুজ ছোৱালী, তাইৰ কথা অনুসৰি কোনো কাম
নভবা-নিচিন্তাকৈ নকৰিব। যদি তেনেকুৱা কিবা কৰিব লগা হয় আগতে মোৰ ওচৰলৈ খবৰ পঠিয়াব।
হৰি
মহান্তিয়ে সন্মতিসূচক মূৰ দুপিয়ালে।
x x x
ইফালে চিন্তেই চুইৰ
ঘৰৰপৰা নিৰাশ হৈ উভতি আহি শনেই এটা বুদ্ধি পাঙিলে। সি নিমপুৰৰ জমিদাৰ শিৱৰায়ৰ
ওচৰলৈ গৈ তহচিলদাৰ গোবিন্দ প্ৰধানৰ জৰিয়তে তাৰ দুখৰ কথা জনাবলৈ সিদ্ধান্ত ল'লে। বিষ্ণুপুৰ গাঁৱৰ বহু পতিত মাটি বহু
মানুহে খেতি-বাতি কৰি খাই-বই আছে। তাৰপৰাই সি কিছুমাটি খেতি-বাতি কৰিবলৈ বিচাৰিব।
মহাদেৱ মন্দিৰৰ ডাঙৰ পুখুৰীৰ গাতে লগাকৈ যি অনাবাদী মাটিডৰা পৰি আছে তাৰপৰাই দহ
বিঘামান মাটি সি পট্টন ল'ব।
দেউতাকে যিদৰে দিনে-ৰাতি মাটিৰ লগত লাগি আছিল, সিয়ো তেনেকৈ মাটিৰ লগত লাগি থাকিব।
ঘৰত
তলা লগাই মূৰত গামোচাখন বান্ধি সি নিমপুৰলৈ বুলি ওলাল। নিমপুৰলৈ আহি সি গোবিন্দ
প্ৰধানৰ ভৰিৰ ওচৰত টকা পাঁচটা থৈ দণ্ডৱত হৈ সেৱা কৰিলে। প্ৰধানে কেৰাহিকৈ চাই মিচিকিয়া হাঁহি মাৰি
ক'লে- হেৰা বোপা, কি
হ'ল? চুইয়ে কি ক’লে ?
শনেইয়ে
সকলো বিৱৰি ক'লে।
লগতে সি অহাৰ উদ্দেশ্যও জনালে। তাৰ পাছত প্ৰধানৰ ভৰিত ধৰি ক'লে-আপুনি যদি ভৰসা নিদিয়ে, তেনেহ'লে মই গাঁও এৰি পলাব লাগিব। তাত পৰি থাকিলে কি হ'ব? পেট পুহিবৰ বাবে মজুৰি কৰিবলৈ পৃথিবীত জানো আৰু বেলেগ ঠাই নাই ? অনাবাদী মাটি পৰি আছে, তাৰপৰা জমিদাৰৰ একো লাভ হোৱা নাই, মই খেতি-বাতি কৰি দুপইচা উপাৰ্জন কৰিলে
আপোনাৰ দুৱাৰলৈ আহি জানো খালী হাতে থিয় দিম? ওচৰতে পুখুৰীটো আছে,
খৰালি মুঠেই পানী নাথাকে। সাপ-জোকৰ বাহ। সেই পুখুৰীটো যদি পাওঁ তাৰপৰা ওখ মাটিলৈ পানী
সিঁচিব পাৰিম।
প্রধানে
কাণত কলম গুজি শনেইৰ কথাৰ সত্য-সত্যতা উপলব্ধি কৰিলে। পড়িৰাৰ ল'ৰাই ভাল কথাকে কৈছে। মাননিৰ টকা কঁকালত
গুজি, কাগজপত্ৰ
বিচাৰি অনাবাদী মাটিৰ তালিকা উলিয়ালে। ক’লে- হেৰা বোপা, অনাবাদী
মাটিতো বাৰ বিঘা আৰু পুখুৰীটো ডেৰ বিঘা। ইয়াৰ বাবে জমিদাৰে বা কি বিচাৰে ?
শনেই
ক’লে- সেয়া
আপুনিহে জানে ?
মাননি
?
শনেইয়ে
ৰৈ ৰৈ ক’লে- মই দুখীয়া
মানুহ, আপুনি যি কয়
তাকে কৰিম।
প্রধানে
ভাবি-গুণি ক’লে-
বাৰ বিঘা অনাবাদী, বাৰৰ
দুগুণ চব্বিশ টকা, পখুৰীৰ
ডেৰ বিঘাত মোটা-মুটি পোন্ধৰ টকা। দুবিঘা মাটিৰ বাবদ দুটকা হিচাপে চাৰি টকা মাননি।
চৰকাৰী খৰচ দহ টকা। তিনিখন পট্টাত চহী কৰাবলৈ জমিদাৰক দিব লাগিব তিনি দুগুণে ছ
টকা। সৰ্বমুঠ উনষাঠি টকা। ঠাকুৰ ঘৰ মেৰামত বাবদ ষাঠি টকা। এইবোৰ যোগাৰ কৰ পট্টন
পাবি। অনাবাদী মাটিৰ খাজনা বিঘাই প্ৰতি এটকাকৈ।
আপোনাক
মই দেউতাৰ দৰে মানিম। মোৰ কথাৰ লৰচৰ নহ'ব।
তেনেহ'লে তই আজি যা, টকা-সিকা যোগাৰ কৰি আহিবি। মই
আগতীয়াকৈ জমিদাৰক ফুচুলাই থ’মহি।
এক কথাৰ মানুহ, যদি
নহয় বুলি কয়, নহ’বই।
কেতিয়া
আহিম?
দুদিন
পাছত। সময় বুজিহে গোহাৰি জনাব লাগিব, নভবা-নিচিন্তাকৈ কিবা কৰিবলৈ গ'লে সকলো খেলি-মেলি হৈ যাব; যা—
শনেই
পুনৰ প্ৰণাম কৰি ঘৰলৈ উভতিল।
দুদিন
শনেইৰ ওচৰত দুবছৰৰ দৰে লাগিল। ঘৰত মন নবহে। সি শিৱ মন্দিৰৰ ওচৰৰ পুখুৰীৰ পাৰলৈ লৰি
যায়। হয়তো কোনোবা মহাত্মাই খন্দাইছিল। দেখা-শুনাৰ অভাৱত পোত খাই গৈছে। চাৰিওফালৰ
পাৰ ভাঙি গৈছে। পানীতকৈ দলেই অধিক। জমিদাৰে যদি পুখুৰীটো দিয়ে, তেনেহ'লে সি পুখুৰীটো পুনৰ নতুনকৈ খান্দিব। পুখুৰীৰ মাজভাগত ওখ ভূমি।
ওখোৰা-মোখোৰা অনাবাদী মাটি। কাঁইটীয়া বন, অচিনা গছ, আগৰা, বেত, নিলাজী বন। হেপা, সাপ-বেঙৰ
ঘৰ। মৰা গৰু-ম'হ
আনি মানুহে পুখুৰীটোত পেলায়। শনেই নিজৰ হাতেৰে সেইবোৰ চাফা কৰিব। হাড়ভঙা পৰিশ্ৰম কৰি
বামকৈ খাল কাটিব। পুখুৰীৰপৰা পানী তুলি অসাৰুৱা মাটি সোণোৱালী কৰি তুলিব। খেতিয়কৰ
ল'ৰা সি। মাটিৰ
সন্তান, সি মাতিলে, মাটিয়ে নিশ্চয় সঁহাৰি দিব। তাৰ হাতৰ
পৰশত মাটি সুফলা হ'ব।
হাঁহি উঠিব। শনেই হতাশ হ'ব
কে’লেই ?
শনেই
গছ-লতাৰ মাজত প্ৰৱেশ কৰি প্ৰতি ইঞ্চি মাটি পৰীক্ষা কৰিলে। ওখোৰা-মোখোৰা। ঠায়ে ঠায়ে দ গাঁত। সমগ্র
মাটি সি সমতল কৰি ল'ব।
গহীৰ বিলৰ চাৰিওফালে খন্তেকৰ বাবে সি দৃষ্টি প্ৰসাৰিত কৰিলে। অনাবাদী মাটিৰ
চাৰিওফালে আবাদী মাটি। সেইবোৰ মাটি বহু কেইজন মানুহৰ আছিল। চিন্তেই চুই চালাকি কৰি
সকলো মাটি নিজৰ কৰি লৈছে। যিসকলে নাঙল ধৰি মাটিৰ বুকু ফালিছিল, সেইসকল আজি কোন ক'ত হেৰাল তাৰ ঠিকনা নাই। যিসকল উভতি
আহিছে, সিহঁত হয় চুই
ঘৰৰ চাকৰ, নহ'লে আধিয়াৰ খেতিয়ক। সিহঁতে মাটি চহাব
আৰু চুয়ে কাছাৰী ঘৰৰ খাটৰ ওপৰত বহি কলম ধৰি লোকৰ কষ্টোপার্জিত ফচল নিজৰ ভঁৰালত
সজাই ৰাখিব। ৰাখকগৈ। শনেইতো আৰু চুই ঘৰৰ চাকৰ নহয়! মাটিৰপৰা উৎপাদন কৰা ফচল সি
নিজৰ ঘৰলৈকে আনিব।
শনেই নিৰীক্ষণ
কৰে। জমিদাৰে অনুগ্ৰহ কৰিলে সকলো মাটি তাৰেই হ'ব। সি নাঙল ধৰিব, ফচল
ফলাব, ধন সঞ্চয় কৰি
আৰু অধিক মাটি কিনিব। সি ডাঙৰ মানুহ হ'ব। তাৰ পাছত ধোবী তাৰ হ'ব। ধোবীৰ ধনেৰে সি যি সম্পত্তি কিনিব, নিজৰ তেজ ঢালি সি তাত ফচল উৎপাদন কৰিব । আৰু অধিক মাটি বঢ়াব।
দুদিন
পাৰ হ'ল ।
শনেই
জমিদাৰৰ হাউলিলৈ আহিল। গোবিন্দ প্রধানে সিদিনা প্রথমে তাক দেখা নিদিলে।
ভোক-পিয়াহত বহি বহি সন্ধিয়া লাগিল। সন্ধিয়া লাগি- ভাগি যোৱাৰ পাছত প্ৰধানে তাক
দেখি ক'লে- হেৰা বোপা, তোৰ কপাল বেয়া। জমিদাৰক তোৰ হৈ কিমান বুজালো, কিমান ক'লোঁ, কিন্তু
তেওঁ নুশুনিলে। বেছিকৈ ধৰাত তেওঁ বিৰক্ত হৈ ক'লে, মাটিতো
আৰু বন্ধ্যা নহয়, যিমানে
দিন যাব সিমানে তাৰ মূল্য নকমি বাঢ়িবহে। থাকিবলৈ দিয়কচোন।
কথাষাৰ
শুনি আকাশৰপৰা পৰা যেন লাগিল শনেইৰ। তাৰ সকলো জল্পনা-কল্পনা বৃথা হৈ গ'ল। সি সুধিলে- তেনেহ'লে এতিয়া উপায় ?
বহচোন, বহ, ইমাননো ব্যস্ত হৈছ কে'লেই ? জমিদাৰে হয়তো আৰু অলপ বেছিকৈ বিচাৰিছে। নিয়ে যদি দহ পঞ্চাশ টকা
বেছিকৈয়ে লওঁকচোন। মাটিতো আগতে নিজৰ হওঁক। এশ টকামান যোগাৰ কৰিব পাৰিবি নেকি ?
এশ
টকাই আনিছোঁ।
তই
বৰ বুধিয়ক ল'ৰা।
বেচ, দি যা। মই
জমিদাৰক পুনৰ কৈ চাম, বাৰু।
অহাকালি আহি পট্টা লৈ যাবি।
শনেই
এশ টকা প্ৰধানৰ হাতত দি বেজাৰ মনেৰে ঘৰলৈ উভতি আহিল। মানুহৰ মায়া দেৱতায়ো
নাজানে। কোনে ক'ব
পাৰিব, গোবিন্দ প্রধানে
কি কৰিছে ? বিশ্বাসতে
মাথোন সি টকাকেইটা উলিয়াই দি আহিল;
কিন্তু মনত আনন্দ নাই। পাছদিনা পুনৰ জমিদাৰৰ ঘৰলৈ আহিল। প্ৰধানে
খাজনা আদায় কৰিবলৈ মফচললৈ গৈছে। সি মনত নানা উৎকণ্ঠালৈ সিদিনা ঘৰলৈ উভতি আহিল।
ইয়াৰ
পাছত কেইদিনমান অহা-যোৱা কৰাৰ পাছতহে শনেই প্ৰধানৰ সাক্ষাৎ পালে। সিদিনা আছিল
ত্রয়োদশী। জমিদাৰৰ দপ্তৰৰ কাম বন্ধ। দৌল পূৰ্ণিমাৰ ছুটীত কৰ্মচাৰীসকল ঘৰলৈ গৈছে।
একমাত্র গোবিন্দ প্রধানে জমিদাৰীৰ বুজ ল'বলৈ জমিদাৰৰ লগত আছে।
শনেইক
দেখি প্ৰধানে হাঁহি মাৰি ক'লে-
হেৰা বোপা, তোৰ
কামতো হৈছেই, পিছে, মোৰ দৌলৰ খৰচ ক'ত ?
শনেই
দীৰ্ঘশ্বাস এৰিলে। ক'লে- এই কথা আৰু
ক'ব লাগিব নেকি ? চিৰদিন মই আপোনাৰ নিকিনা গোলাম হৈ
থাকিম। আপোনাৰ কোন কথাৰনো অবাধ্য হম?
প্ৰধানে
হাঁহি মাৰি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
আলমাৰি খুলি তিনিখন কাগজ আনি শনেইৰ ফালে আগবঢ়াই ক'লে- বাৰু ল' । এইখন আনাবাদী
পট্টা, এইখন পুখুৰীৰ
বাবে, আৰু এইখন
জমিদাৰে খুচি হৈ তিনিবিঘা দ মাটি আৰু নৈৰ পাৰৰ দুবিঘা মাটি আধিয়াৰ পট্টা হিচাপে
দিছে। এইখনত তাকেই লেখা আছে। আগতে যিসকলে আধি লৈছিল, সিহঁতে ৰীতিমতে ভাগ দিয়া নাই। নিয়ম অনুসৰি কাম কৰিবি। জমিদাৰৰ
সুদৃষ্টি পৰিলে মানুহ হ'ব
পাৰিবি।
শনেইৰ
মনত সৰগৰ জোন পোৱাৰ দৰে লাগিল। কাগজ কেইখন কাপোৰত বান্ধি কঁকালত গুজিলৈ দণ্ডৱত হৈ
প্ৰধানক সেৱা জনাই ক'লে-
আপোনাৰ উপকাৰৰ ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম।
প্ৰধানে
তাৰ মূৰত হাত থৈ ক'লে-
তই এতিয়া যা, মনপুতি
কামত লাগগৈ।
প্রধানে
জানে, জমিদাৰে দবা
খেলি থকাৰ সময়ত বেলেগ কাগজৰ লগত এই কাগজ তিনিখনো বুদ্ধি কৰি চহী কৰাই লৈছে। গতিকে
শনেইয়ে দিয়া ফুটাকড়ি এটাও জমিদাৰৰ ভাগত পৰা নাই।
শনেই
আনন্দ মনেৰে গাঁৱলৈ উভতি আহিল। তাৰ মনত গৰ্ব উপজিল, হওঁকচোন বাম, অনাবাদী
মাটি, সি আজি বহু
মাটিৰ গৰাকী৷ গাঁৱৰ আন দহজনৰ লগত থিয় হ'বলৈ তাৰ অৱলম্বন এটা হ'ল। তাৰ মনলৈ সাহস আহিল। সি আৰু চিন্তেই চুইক ভয় নকৰে।
তাৰ
মনত সম্পত্তিৰ নিচা জাগিল। দৌল পূর্ণিমা কেতিয়া আহি কেতিয়া গ'ল, শনেইয়ে খবৰো নল'লে৷
তাৰ দিনে-নিশা এটাই মাথোন চিন্তা,
সি মাটি কিনিব, নাঙল
ধৰিব। যিমান পাৰে সিমান ধান কিনি ভঁৰালত তুলিব। নহ'লে হাতত টকা নাথাকে। ইমান মাটি সি অকলে চহ কৰিব নোৱাৰে, মানুহ এজন ৰাখিব লাগিব।
শনেই
নাঙল বলধ কিনিলে। গাঁৱে গাঁৱে গৈ টকা দি তুঁহ কিনি আনিলে। মজদুৰ লগাই কাম আৰম্ভ
কৰি দিলে। ইমান দিন পাছত মানুহবোৰৰ চকু মেল খালে। শনেই ইমান ধন ক'ত পালে ? মহাদেৱ মন্দিৰৰ তলি চাফা কৰিছে কিয় ? কাঁইটীয়া জোপোহানি লতাৰে ভৰা অনাবাদী মাটি চাফা কৰিছে কিয়, কথাটোনো কি ?
দৌল
পূৰ্ণিমাৰ পোন্ধৰ বিছ দিনমান পাছত চন্দ্ৰা বিলৰ ফালে আহিছিল। সি দেখিলে, দুজন মজদুৰৰ লগতে শনেই পুখুৰীৰ তলৰ গাঁতবোৰ মাটি পেলাই সমান কৰি আছে।
তিনিওৰে মূৰৰপৰা ঘাম নিগৰি পৰিছে। চন্দ্ৰাই ওচৰলৈ আহি সুধিলে- হেৰা শনেই ককাই, ইমান পুৱাই পুৱাই জমিদাৰৰ অনাবাদী
মাটিত লাগিছা কিয় ?
শনেই
কপালৰ ঘাম মচি ক'লে-
জমিদাৰৰপৰা এইবোৰ পট্টন লৈছোঁ। মাটিডৰা বৰ দ, সম্ভৱ হ'লে
খেতি কৰিম বুলি ভাবিছোঁ।
চন্দৰাই
পুখুৰীৰ তলিলৈ চাই পঠিয়ালে। বাঃ,
কেনে পৰিষ্কাৰ হৈছে! মেটেকা, কলমৌ পাৰত জমা কৰা হৈছে। অনাবাদী মাটিৰ ফালে পুখুৰীৰ পাৰৰপৰা নলা এটা
খন্দা হৈছে। চন্দৰাই সুধিলে- পুখুৰীটোও পট্টন লৈছা নেকি ?
শনেইয়ে
মাটি খান্দি খান্দি ক'লে-
এৰা ভাই, সকলো জমিদাৰৰ
অনুগ্রহ। ভাবিছোঁ, পুখুৰীৰ
তলিৰ বোকা তুলি কেৰেলা খেতি কৰিম। ইমান ডাঙৰ পুখুৰীৰেনো কি কৰিম ? পোন্ধৰ কঠামান পুখুৰী ৰাখি বাকীখিনি মাটি
পেলাই ভৰাই ল'লে
এবিঘা নহ'লেও তিনি
পোৱামান খেতিৰ মাটি ওলাব। কল গছৰ বিধান যোগাৰ কৰিছোঁ। জেঠ মাহত দহ পঞ্চাশটামান
লগাই দিম। তোমাৰ কলৰ বাগানৰপৰা দহ পোন্ধৰটামান পুলি দিবা নেকি, চন্দৰা ?
চন্দৰাই
ক'লে- যিমান লাগে
লৈ আহিবা। কলৰ বিধানতো তোমাৰ দেউতৰায়ে আমাক দিছিল। তুমি বৰ ভাল কাম কৰিছা, ককাই। এই পুখুৰী আৰু মাটি ইমান দিনে
কাৰো চকুত পৰা নাছিল। কৰিব পাৰিলে ইয়াৰ পৰা সোণ আমদানি হ'ব।
মজদুৰ
দুজনো আহি কাষত থিয় হ’ল।
চন্দৰাই
পিছফালে চাই চাই আগুৱাই গ'ল।
x x x
নায়েক
ঘৰৰ বোৱাৰীৰ প্ৰশংসা মাথোন দূর্গাপুৰতে নহয়, ওচৰ-পাঁজৰৰ গাঁৱৰ প্ৰায়বোৰ মানুহৰ মুখতে শুনা গৈছে।
অলক্ষণীয়াজনীয়ে ঘৰৰ সকলোকে খালে,
কিমান পুৰুষৰ বংশ গৌৰৱ ধ্বংস কৰিলে বুলি আগতে বহুতেই দুর্নাম ৰটনা
কৰিছিল, সেই সকলেই ওলোটাই
ক'বলৈ ধৰিলে- ধন্য
লখিমী! চিৰদিন কোনেনো আৰু জীয়াই থাকে ? দুঃখী, দৰিদ্ৰৰ
দুখ যিয়ে বুজিব পাৰে, তাই
মানৱী নহয়, দেৱী।
দূর্গাপুৰলৈ
আহি ধোবী স্বামী-শহুৰ-শাহুৱেকৰ বাৰ্ষিকী শ্রাদ্ধ সম্পন্ন কৰি নিজৰ সম্পত্তিৰ কাগজ
পাতি থকা-নথকাৰ হিচাপ বুজি ল'লে।
হৰি মহান্তিয়ে বৰ আগ্ৰহেৰে ধোবীক কাষত বহুৱাই হিচাপ পত্ৰ বুজাবলৈ লাগি গ'ল; কিন্তু মহান্তিৰ আগ্ৰহ, আনন্দ সৰহ দিন নিটিকিল। মাহ পূৰ নৌহওঁতেই ধোবীয়ে সকলো হিচাপ পত্ৰ
বুজি ল'লে। মহান্তিয়ে বুজিব
পাৰিলে, কম বয়সীয়া
ছোৱালী হ'লেও বুদ্ধি
যেনেকুৱা প্ৰখৰ, ঠিক
তেনেকুৱা তীক্ষ্ণ। গতিকে আভুৱা-ভাঁৰাৰ উপায় নাই।
মাটি-বৃত্তি, জমিদাৰী সম্পৰ্কীয় কাগজপাতি, সকলো দলিল দস্তাবেজ,কবুলা-কবুলিয়ত, ধান ও টকা ধাৰে দিয়া সকলো কাগজপাতি
ধোবী নিজৰ হাতলৈ আনিলে। মহান্তি তাইৰ উদ্দেশ্য স্পষ্টভাবে বুজিব নোৱাৰিলেও বুজিবলৈ একো বাকীও নাথাকিল ।
এদিন
ৰাতিপুৱা ধোবীয়ে মহান্তিক মাতি আনি ক'লে- মহা, যোৱা
পাঁচ বছৰৰ ভিতৰত যিসকলৰ পৰা যিমান মাটি-বৃত্তি কিনা হৈছে আৰু যিসকলক ধান ধাৰে
দিয়া হৈছে সেই সকলৰ তালিকা কৰি মোক দেখুৱাব পাৰিব নেকি ?
মহান্তিয়ে
ক'লে- তালিকাতো
কৰাই আছে; কিন্তু
সেইবোৰেৰে কি হ'ব, আই ?
ধোবীয়ে
ক'লে- দৰ্কাৰ আছে।
হ'ব বাৰু, দুই তিনি দিনৰ ভিতৰতে মই সঠিক তালিকা কৰি দাখিল কৰিমহি।
হৰি
মহান্তিৰ সন্দেহ উপজিল। ভাবিলে,
চুইৰ ওচৰলৈ এই বিষয়ে খবৰ পঠাব লাগিব। আকৌ ভাবিলে, দেখাই যাওঁকচোন ওঠৰ বছৰীয়া
ছোৱালীজনীয়ে কি কৰে!
তালিকা
প্ৰস্তুত হ'ল।
ধোবীয়ে
ক'লে- এই তালিকাত
যিসকলৰ নাম আছে, সিহঁতক
মাতক, মই সিহঁতক
খন্তেকৰ কাৰণে চাব খুজো।
হৰি
মহান্তিয়ে আশ্চৰ্য হৈ ক'লে-
কাৰণনো কি ? সিহঁতৰ
কোন বা ক'ত আছে!
দুৰ্ভিক্ষৰ সময়ত কোন বা ক'লৈ
গৈছে ? আকৌ কোন বা ক’ত মৰিছে ?
সিহঁতৰ
বংশৰ কোনোবা নহয় কোনোবা নিশ্চয় গাঁৱলৈ উভতি আহিছে। সিহঁতকে খবৰ দিয়ক। যিসকলৰ
কোনো নাই, সিহঁতৰ
বেলেগ তালিকা এখন প্ৰস্তুত কৰক।
কিয়
আই ?
দৰ্কাৰ
আছে।
ধোবীৰ
কণ্ঠত দৃঢ়তা। হৰি মহান্তিয়ে প্রমাদ গণিলে। বহু ভাবি-চিন্তি পাঁচ ছয়জন মানুহৰ
ওচৰত খবৰ পঠালে।
কাচাৰী
ঘৰৰ খাটৰ ওপৰত য'ত
বহি তাইৰ স্বামী-শহুৰ-আতা শহুৰেকে বিচাৰ কৰিছিল ধোবী তাতেই বহিল। সন্ন্যাসীনি বেশ, লাজ-সংকোচ- ভয়-ভ্রান্তিহীন মন।
যিসকল
আহিল ধোবী সিহঁতৰ লগত কথা-বতৰা পাতিলে। দুখ-দুৰ্দ্দশাৰ বুজ ল'লে। সিহঁতৰ মাথোন এটাই কথা, সিহঁত দুৰ্ভিক্ষৰ সময়ত পেটৰ জ্বালাত
আত্মীয়-স্বজন, ল'ৰা-ছোৱালীৰ সৈতে ঘৰ-বাৰী এৰি থৈ গুচি
গৈছিল। কোন ক'লৈ
গ'ল, কোন ক'ত বাটে-ঘাটে পৰি আওমৰণে মৰিল তাৰ হিচাপ নাই। যিসকল জীয়াই আছে সিহঁত
নিজৰ গাঁৱলৈ উভতি আহিছে; কিন্তু
সিহঁতে কি খাই জীয়াই থাকে? শেষত
নিৰুপায় হৈ হৰি মহান্তিৰ ওচৰত মাটি বিক্ৰী কৰি যি পাইছে তাৰেই কোনোমতে প্রাণ ধৰি
ৰাখিছে। লোকৰ ঘৰত দিন মজুৰি কৰি পেট প্ৰৱৰ্ত্তাই আছে। ঘৰ-দুৱাৰ একো নাই। লোকৰ বাঁহতল, কচুতল নহ'লে গছৰ তলত জুপুৰী সাজি কোনোমতে আশ্ৰয়
লৈ আছে।
সিহঁতৰ
কথা-বতৰা শুনাৰ সময়ত শনেই পড়িৰাৰ মুখখন ধোবীৰ চকুৰ আগত ভাহি উঠিল। শনেই পড়িৰা
অকলেই দুখী নহয়, তাৰ
দৰে আৰু শ শ আশ্রয়হীন মানুহ উভতি আহিছে। আটায়ে নানা দুঃখ-কষ্ট সহ্য কৰি প্ৰাণ
বচাই ৰাখিছে। আটায়ে ধোবীৰ নিজৰ মানুহ। স্বামী-শহুৰেকক হেৰুৱাই শ শ নিৰাশ্ৰয় মানুহক
তাই আপোন কৰি পাইছে। শনেইৰ লগত এইসকলক পৃথক কৰিব কিয় ? তাইৰ শক্তিয়ে কুলায় মানে আটাইকে জাতত
উঠিবলৈ সুবিধা কৰি দিব। সিহঁতৰ হেৰুৱা ঘৰ পুনৰ থিয় কৰাব। যিসকলে সকলো হেৰুৱাই
অকলশৰীয়া হৈ আছে, সিহঁতৰ
কোলাত সিহঁতৰে হেৰুৱা মানুহবোৰ পুনৰ নতুন ৰূপেৰে আহি হাঁহিব, নাচিব।
ধোবীৰ
চকু চল্চলীয়া হ'ল।
তাই মাকৰ ফালে চাই ক'লে-
চোৱাচোন মা, এই
সকল কিমান দুঃখী! কিমান নিঃসহায়! ভগবান নিষ্ঠুৰ হ'ল বুলি আমিও হ’ম
নেকি ? ধন-সম্পত্তিৰে
কি হ'ব? এটা মাথোন পেট নিশ্চয় চলি যাব।
ধোবীৰ
মাকৰ মন কুমলিল।
ধোবীয়ে
হৰি মহান্তিক ক'লে-
এওঁলোকৰ কাগজপত্ৰ এওঁলোকক ঘূৰাই দিয়ক। এওঁলোকে নিজৰ মাটিত নিজে খেতি কৰি খাওঁকগৈ।
আস্! এওঁলোক বৰ দুঃখী।
হৰি
মহান্তি আশ্চৰ্য হৈ ধোবীৰ ফালে চালে। ধোবীয়ে তাৰ চকুত সন্দেহ, বিস্ময় আৰু অভিযোগৰ অভিব্যক্তি
দেখিবলৈ পালে৷ তাই নিজ হাতে কাগজ টানি আনি নিঃদাবিপত্র লেখি কাগজপাতি ঘূৰাই দিলে।
ক'লে- নিয়া দলেই, নিয়া ওঁজা. চাহু মহাপাত্র, কাণ্ডি তোমালোকৰ মাটি আজিৰপৰা তোমালোকৰ
নিজৰ হ'ল। নিজৰ মাটিত
নিজে খেতি কৰি খোৱাগৈ। প্ৰয়োজন হ'লে, মহান্তিৰপৰা ধান লৈ যাবা। সুত দিব
নালাগে। দলিল কৰাৰো
দৰ্কাৰ নাই। ফচল তুলি পৰিশোধ কৰি দিবা।
হৰি
মহান্তি নিৰুপায় হৈ চাই থাকিল। মুখৰপৰা মাত নোলাল। মাথোন ওঁঠযোৰ অকণমান কঁপি
উঠিল। ভাবিলে, গ'ল, সকলো গ'ল।
কিমান কষ্টেৰে, কিমান
চেষ্টা আৰু কৌশলেৰে মাটিবোৰ লৈছিল,
ল'ৰামতীয়া
ধোবীয়ে সকলো উৰুৱাই দিলে।
মানুহবোৰ
ধোবীৰ ভৰিত দীঘল দি পৰিল। সাক্ষাৎ মা লক্ষ্মী, দুখীয়াৰ দুখ বুজিব পাৰিছে।
চাৰিওফালে
হৈ চৈ লাগি গ'ল।
নায়েক ঘৰৰ বোৱাৰীয়ে মাটি ঘূৰাই দিছে, নথকাবোৰক নতুনকৈ মাটি দিছে, চলিব পৰাকৈ ধান দিছে।
সাত
দিনৰ ভিতৰতে মাটি ঘূৰাই দিয়াৰ কাম সম্পন্ন হ'ল। তথাপি মানুহৰ ভিৰ নকমিল। নানা জনে নানা ধৰণৰ দুঃখৰ কথা জনাবলৈ লৰি
আহিল।
উৰা
বাতৰি শুনি চিন্তেই চুই নিজে ঘটনাৰ বুজ ল'বলৈ দূৰ্গাপুৰলৈ আহিল। হৰি মহান্তিৰ ওচৰত সকলো খা-খবৰলৈ তেওঁ
বিৰক্ত হ'ল। ধোবীয়ে তেওঁক
বুজাই ক'লে- এটা মাত্ৰ
প্ৰাণীৰ পেট পুহিবলৈ ইমান সম্পত্তিৰ কি প্রয়োজন ? এই মাটিতো সিহঁতৰে আছিল, সিহঁতৰ মাটি সিহঁতে ঘূৰাই পাই সুখেৰে খাই-বই থাককচোন।
কেইদিনমান
আগৰ কথা মনত পৰিল চিন্তেই চুইৰ। সি শনেই পড়িৰাক মাটি নিদি উভতাই পঠাইছিল। ধোবীৰ
অনুৰোধো শুনা নাছিল। তাইৰ হৃদয়ত আঘাত দিছিল। এতিয়া তাই প্রতিশোধ লৈছে।
পাছদিনা
ধোবীৰ অনুপস্থিতিত চিন্তেই চুই ধোবীৰ মাকক ক'লে- এইবোৰ যে বৰবাদ হ'ল
তাৰ কাৰণে দায়ী কোন ? ধোবী
ল'ৰামতীয়া, তুমি তাইৰ লগতে আছা। তুমি নুবুজালা
কিয় ?
ল'ৰামতীয়া হ'লে কি হ'ব, তাইৰ
বুদ্ধি তোমাতকৈও পূৰঠ। সম্পত্তি ৰাখিব কাৰ বাবে ? ভূতে খাবলৈ ? তুমি
কৈছা, তোলনীয়া পো লৈ
দিবা। কিন্তু তাই ল'ব
কিয় ? ভাল ল'ৰা এজন চাই তাইৰ বিয়াখন পাতি
দিয়াচোন।
তাইৰ
জানো সেয়াই ইচ্ছা ?
তাইৰ
ইচ্ছা, অনিচ্ছাত কি আহে, যায়! তাইতো তোমাৰ কথাৰ বাহিৰলৈ নাযায়
? তাই যদি
ঘৰ-সংসাৰেই নকৰে, ইমানবোৰ
সম্পত্তিৰে কৰিব কি ? দুঃখী-দৰিদ্ৰই
পোহপাল যাওঁকচোন।
চুইয়ে
ক'লে- ধোবীয়ে
বিয়া কৰালে এই সম্পত্তিৰ ওপৰত তাইৰ কোনো অধিকাৰ নাথাকিব।
তুমি
বিচাৰিছা সম্পত্তি আৰু মই বিচাৰিছোঁ, ধোবীক। তাই দিন মজুৰ মূৰ্খৰ হাতত ধৰি থাকক, সম্পত্তিৰে তাইৰ কি হ'ব ?
চুইয়ে
প্ৰতিবাদ নকৰিলে।
সিদিনাই
সন্ধিয়া চুইয়ে হৰি মহান্তিক মাতি ক'লে- পালকী সাজু কৰি ৰাখিব, কাইলৈ ৰাতিপুৱা মাক-জীয়েক দুয়ো বিষ্ণুপুৰলৈ যাব।
ৰাতি
—
চিন্তেই
চুই ধোবীক মাতি ক'লে-
আই, ইয়াত আৰু অধিক
দিন থকাটো ঠিক নহ'ব।
কাইলৈ ৰাতিপুৱা ঘৰলৈ যোৱাৰ বন্দৱস্ত কৰিছোঁ।
কিয়
দেউতা, মোৰ ইয়াত কোনো
ধৰণৰ অসুবিধা হোৱা নাই। মোৰ কৰিবলৈ এতিয়াও বহু কাম বাকী আছে। সেইবোৰ সম্পন্ন
নকৰাকৈ মই ক'লৈকো
যাব নোৱাৰোঁ।
বিষ্ণুপুৰত
থাকিলেও কোনো কাম নোহোৱাকৈ পৰি নাথাকে। হৰি মহান্তিয়েই সকলো কৰিব পাৰিব।
মই
নাযাওঁ।
নোযোৱা? তোৰ মাৰেতো যাব, ল'ৰা-ছোৱালীকেইটাই তোৰ মাৰক বিচাৰি থাকে। মাৰে গ'লে তই অকলে থাকিবি কেনেকৈ ?
মই অকলেই থাকিম।
তোৰ
অসুবিধা হ'ব।
একো
অসুবিধা নহয়। দুর্গাপুৰ হ'ল
মোৰ কৰ্মভূমি। তোমালোকৰ লগত থকা দিনকেইটা মাথোন সুখেৰেই কাটিছিল, কিন্তু তাৰ বাহিৰেতো আৰু একো হোৱা নাই ? এইটো ভেটিত মোৰ শহুৰ, শাহু আৰু সিহঁতৰ পূৰ্বপুৰুষসকলে
ভাল-বেয়াৰ মাজেৰে দিন অতিবাহিত কৰি গৈছে। লোকৰ সেৱা কৰিবলৈ গৈ এইটো ভেটিতে মোৰ
স্বামী, শহুৰে
শেষনিশ্বাস ত্যাগ কৰিছে। এয়াই মোৰ তীৰ্থভূমি দেউতা— এয়াই মোৰ জগন্নাথ মন্দিৰ। ইয়াক ত্যাগ কৰি মই কি সুখৰ আশাত বেলেগ
ঠাইলৈ যাম ? যি
মাটিত তেওঁলোক পুৰি ছাই হৈ গৈছে,
সেই মাটিত থাকিলে মই শান্তি পাম, দেউতা।
ধোবীয়ে
চকুপানী বাধা দিব নোৱাৰিলে। দুচকুৰে দুধাৰি চকুলো বৈ আহিল।
চিন্তেই
চুই খন্তেক সময় মনে মনে থাকিল। জীয়েকৰ কথা শুনি তেওঁৰ বুকুত মোচড় দি উঠিল।
তেওঁৰ ধৰণা হ'ল, তেওঁৰ স্ত্ৰীৰ কথাই ঠিক, তেওঁ যেন ক'ৰবাত ভুল কৰিছে। ধোবীক যদি বেলেগ
পাত্ৰৰ লগত বিয়া দি উলিয়াই দিলেহেঁতেন, তেনেহ'লে
হয়তো তাইৰ এই উদাসীনতা দেখিব লগা নহ'লহেঁতেন। নতুন সংসাৰৰ সুখ-দুখৰ মাজত তাই বুৰগৈ থাকিলহেঁতেন। কিন্তু
সম্পত্তিৰ অৱস্থা কি হ'লহেঁতেন? নায়েকৰ আত্মীয়-স্বজনে হয়তো এই
সম্পত্তি দাবি কৰি বহিলহেঁতেন। তদুপৰি চুই ঘৰৰ জীয়ৰীয়ে বিধবা বিয়া কৰালে তেওঁ
বুকু ফিন্দাই বাট বুলিব নোৱাৰিলেহেঁতেন। মুখা- মুখি কোনেও একো নক'লেও তাৰ অনুপস্থিতিত নিন্দা
কৰিলেহেঁতেন। নায়ক বংশৰো কলংক হ'লহেঁতেন। ইমান সম্ভ্রান্ত
বংশৰ বোৱাৰীক তেওঁ পাকঘৰ চম্ভালিবলৈ এৰি দিব নেকি ?
চুইয়ে
নিজৰ দুৰ্বলতা দমন কৰি ক'লে-
সঁচা কথা, আই।
তোৰ বুদ্ধি বৰ চোকা। তই ইমান সম্ভ্রান্ত বংশৰ বোৱাৰী, বংশৰ নাম ৰাখিবলৈ তই তোলনীয়া পো
লোৱাটো প্ৰয়োজন, আই।
মৃত্যুৰ পাছত পিণ্ড পাবলৈ মৃতকৰ আশা থাকে। তই যদি তোলনীয়া পো নলৱ বংশধৰসকলে বৰ
দুখ পাব ।
ধোবীয়ে
হুমুনিয়াহ কাঢ়িলে। তাই নিৰ্মম পিতৃৰ মুখলৈ চাই উত্তৰ বা প্ৰতিবাদ কৰিবলৈ সাহস
গোটাব নোৱাৰিলে। তাই নীৰৱে তলমুৰ হৈ বহি থাকিল ৷
মনে
মনে থাকিলি যে?
দেউতাকে
তাইৰ উত্তৰলৈ অপেক্ষা কৰি আছে। টানকৈ দুই চাৰি ফাকি শুনাই দিবলৈ তাইৰ ইচ্ছা জাগিল।
সঁচাকৈয়ে নায়েক বংশৰ পূৰ্বপুৰুষসকলৰ পিণ্ডক লৈ দেউতাকৰ ইমান চিন্তানে ? যিসকলৰ আত্মীয়-স্বজনৰ ভেটি-বাৰী, মুখৰ দানা-পানী কাঢ়ি নি অন্নসত্ৰ লৈ
খেদি পঠাইছিল, সম্পত্তি
হেৰুৱাই যিসকল বাটে-ঘাটে পৰি মৰিছে,
যিসকলৰ বংশৰ নাম নুমাল, সিহঁতৰ পুৰ্বপুৰুষসকলে কেনেকৈ পিণ্ড পাব, এই কথা ক্ষণিকৰ বাবেও তেতিয়া দেউতাকে
ভাবিছিল নে ?
ধোবীয়ে
ধৈর্য ধাৰণ কৰি ক'লে-
ইমান খৰধৰ কিয়, দেউতা
?
খৰধৰ
হোৱাৰে কথা। পৰৰ ল'ৰাক
আপোন কৰাটো সহজ কথা নহয়। শৈশৱৰপৰা লালন-পালন কৰিলেহে সি পোহ মানিব, তোৰো চেনেহ উপজিব, ঘৰৰ প্ৰতি, সংসাৰৰ প্ৰতি মায়া উপজিব। বিধেই তোৰ
ভায়েক, একে তেজ। বাহিৰৰ
ল'ৰা আনিলে তেজৰ
আকর্ষণ নাথাকিব। বিধেই মানুহ হ'লে, তোৰ ভায়েক তোৰে ল'ৰা হ'লে, তাৰ
প্ৰতি তোৰ মন কুমলিব, তাৰ
বাবেই......
ধোবীয়ে
বাধা দি ক'লে-
আপুনি অৱশ্যে ঠিকেই ভাবিছে, তথাপি
মোৰ ভাবিবলৈ কেইদিনমান সময় লাগিব। স্বামী, শহুৰৰ
মৃত্যুৰ পাছত আপুনি মোক ইয়াৰপৰা লৈ গৈছিল। তাৰবাবে মই বেদনাত দুটোপাল চকুপানী
টুকিবলৈ সময় পোৱা নাই। সিহঁতৰ আধৰুৱা কামো মই সম্পন্ন কৰিবপৰা নাই। মোক
অকলশৰীয়াকৈ এৰি যাওঁক। মাক লৈ যাওঁক। মা মোৰ লগত থকা কাৰণেই মই দুখ কি উপলব্ধি
কৰিব পৰা নাই। কান্দিবলৈ দুদণ্ড সময় পোৱা নাই। দেউতা, মোক আপুনি ইয়াতে এৰি যাওঁক।
ধোবীয়ে
চিন্তেই চুইৰ ভৰিত মূৰ স্পৰ্শ কৰি প্ৰণাম কৰিলে। চিন্তেই চুই ধোবীৰ মূৰত হাত বুলাই
ক'লে- উঠ আইজনী, তই ইমান ব্যস্ত হৈছ কিয় ? তোৰ কথা মতেই তোৰ মাৰক মই লগত লৈ
যামহি। কিন্তু তই সাৱধানে থাকিবি। ধন-সম্পত্তি নষ্ট নকৰিবি। তই ছোৱালী মানুহ, যিয়ে ধন আর্জে সিহে জানে, ধন অৰ্জাৰ কষ্ট কিমান।
ধোবী
কোনো ধৰণৰ উত্তৰ নিদিলে। ভাবিলে,
দীন-দুখীয়াৰ মুখত আহাৰ দিলে, যাৰ সম্পত্তি তাক ঘূৰাই দিলে, সম্পত্তি নষ্ট নহয়,
নষ্ট হয় মানুহৰ অহংকাৰ— অহমিকাহে। মানুহৰ গৰ্ব অভিমানৰ মোহ ভাগে।
চিন্তেই
চুই ক'বলৈ ধৰিলে- তোৰ
নাই কি ? যাক যি ঘূৰাই
দিবৰ দিছা, তাকে
লৈ কোনো চিন্তা নকৰিবি। দুখীয়া ভিক্ষুকৰ বাবে মন্দিৰ এৰি দিয়া, প্রতিদিন যিসকল দীন-ভিক্ষুক আহিব, সিহঁতে তাত প্ৰসাদ পাব, বেচ্ ইয়াকে কৰ। তোৰ যি আছে হিচাপ কৰি চলিলে সকলো ভালদৰেই চলি যাব।
সম্পত্তিও ঠিকেই থাকিব।
চুইয়ে
খন্তেক ৰৈ পুনৰ ক'লে-
তই ল'ৰা মানুহ, মানুহ নামৰ জাতিটোক তই নাজান। যাৰ উপকাৰ কৰিবি
সিয়ে গলত ছুৰী ধৰিব। দয়া পৰৱশ হৈ যিসকলক সম্পত্তি ঘূৰাই দিছ, সুযোগ পালে সিহঁতেই তোৰ দুৰ্নাম ৰটনা
কৰিব। সুবিধা পালেই অপকাৰ কৰিব। তই যি কৰিছ, সেয়া মানুহৰ আচৰণ নহয়— বলিয়ালি আচৰণ। মানুহ কিন্তু বলিয়া নহয়। তোৰ কামৰ বাবে মানুহে তোৰ
প্ৰশংসা কৰাৰ পৰিৱৰ্ত্তে নির্বোধ বুলি তোক উপহাসহে কৰিব।
ধোবী
চিন্তেই চুইৰ কথাৰ কোনো উত্তৰ নিদিলে। তাই জানে,
তাই কি কৰিছে আৰু কি কৰিব। তাই কাৰো অপবাদ বা প্ৰশংসালৈ ভ্ৰূক্ষেপ
নকৰে। মানুহে তাইৰ অপকাৰ কৰিব কিয়?
মানুহৰ ভাল-বেয়া মানুহৰ হাতত নহয়। ওপৰত যিজন ভগবান আছে, যিজনে এই পৃথিবীত অহা-যোৱাৰ খেল খেলি
আছে, তেওঁৰ ইচ্ছাতহে
সকলো হয়। ভগবানৰ ওপৰত বিশ্বাস ৰাখি তেওঁৰ নিৰ্দেশত মানুহৰ সেৱা কৰাটোহে মানুহৰ
কৰ্ত্তব্য। যিয়ে সেয়া নকৰে, সি হয় দেশদ্রোহী। যেতিয়া মানুহৰ ওপৰত
দেৱতাৰ অভিশাপ নামি আহে, তেতিয়াহে
মানুহৰ মৃত্যু হয়।
ধোবীক
মনে মনে থকা দেখি চিন্তেই চুই পুনৰ ক'বলৈ ধৰিলে- তেনেহ'লে
আই, তই কিছুদিন
অকলেই থাক। তোৰ মাৰ মোৰ লগতে
যাওঁকহি। হৰি মহান্তি বয়সিয়াল মানুহ,
বিশ্বাসীও। তাক নুসুধি কোনো কাম নকৰিবি, আই; তই তাৰ কথামতে চলিবি। মই ভাবিছোঁ, বিধেইক তোৰ ওচৰত ৰাখি যাম। সি তোৰ লগত থাকিলে সুখ-আনন্দত সময় পাৰ হ'ব। ল'ৰাটোৱে তোক বৰকৈ বিচাৰিও থাকে, বুজিলি?
ধোবীয়ে
হয় বা নহয় একো ক'ব
নোৱাৰিলে।
চিন্তেই
চুই তাৰ ক'ব
লগাখিনি ক'লে।
পাঁচ বছৰৰ ল'ৰা
বিদ্যাধৰক ধোবীৰ ওচৰত ৰাখি গ'ল।
ধোবীৰ অজানিতেই তাইৰ বন্ধন নিকপকপীয়া হ'ল।
x x x
পাঁচ
বছৰীয়া ভায়েক বিধেই ধোবীৰ লগত থাকিবলৈ লোৱাত ধোবী প্রথমে সুখী হ'ব নোৱাৰিলে। তাই ভাবিলে, দেউতাকে নিশ্চয় তোলনীয়া পো লোৱাবৰ
বাবে ফান্দ পাতিছে। সেয়ে তাই বিধেইৰ ফালে ঘৃণাৰ চকুৰে চাবলৈ ধৰিলে। বিধেইৰ
ধুনীয়া কোমল মুখখনি, নির্মল
উজ্জ্বল চঞ্চল চকুযুৰি, বিজুলিৰ
দৰে চঞ্চল চলন-ফুৰণলৈ চাই ধোবী অৱশেষত নিজক ধিকাৰ দিবলৈ বাধ্য হ'ল। আৰে, তাই কৰিছে কি ? বিধেইতো
তাইৰে ভায়েক, তাইৰে
তেজ! সি হাঁহি হাঁহি হাত মেলি তাইৰ ফালে লৰি অহা দেখিলে তাই আনন্দত অভিভূত হৈ পৰে।
কি
সুন্দৰ হাঁহি! কোমল পাতল পাতল ওঁঠযুৰিত হাঁহিৰ ৰেখা বিৰিঙি উঠা দেখিলে ধোবীৰ মন
আবেগিক হৈ পৰে। হাত মেলি বাইদেউ বুলি মাতি বিধেই লৰি আহিলে তাইৰ হৃদয় পুলকিত হৈ
উঠে। বিধেইক তাই তেতিয়া কোলাত তুলি লয়। বুকুত সাৱটি ধৰি মৰম কৰে। কান্ধতলৈ, পিঠিত চপৰিয়াই মনৰ আনন্দত নাচে, চকুত আনন্দ অশ্ৰুৰ সোঁত বয়।
ধোবীৰ
অকলশৰীয়া জীৱনত বিধেই হ'ল
একমাত্র বন্ধু— একমাত্র
আনন্দ। ঘৰত চাকৰ-বাকৰৰ অভাৱ নাই,
তথাপি ধোবী নিজেই বিধেইৰ যত্ন লয়। নিজ হাতেৰে গা ধোৱাই দিয়ে, আহাৰ খুৱায় আৰু কোলাত লৈ মৰম কৰে। তাক
কোলাতলৈ আনন্দত চকু মুদি দিয়ে। হৃদয়ৰ মণিকোঠাত শুইপৰা মাতৃত্বই অৱলম্বন তেতিয়া
বিচাৰে। ব্যগ্ৰতাৰে, আকুলতাৰে
শুই থকা মাতৃত্বই তেতিয়া শান্তি পায়।
মুহূৰ্তত!
ধোবী
চমকি উঠে। কঁপি উঠে তাইৰ বুকু। ভিতৰত ওফন্দি উঠে তাইৰ মাতৃত্ব। কান্দি উঠে সৃষ্টিৰ
আকাংক্ষা, সৃষ্টিৰ
সংকল্প।
বিধেইক
তেতিয়া কোলৰপৰা নমাই দিয়ে। বিধেইৰ হাঁহিমুৱা মুখলৈ চাই ভয়ে ভয়ে ধোবী পূজাঘৰৰ
ভিতৰলৈ সোমাই যায়। ৰাধা-মাধৱৰ বেদীৰ ওপৰত মূৰ স্থাপন কৰে। চকুৰপৰা লোতক নিগৰে। হাড় এৰি যি
মেদ-মঙহ আকুলি-বিকুলি হৈ দিশে দিশ পলাই যাবলৈ ছট্ফট্ কৰে সেয়া চম্ভালিবলৈ চেষ্টা
কৰে ।
মনত
পেলায় হেৰুৱা স্বামী, যাৰ
দেহৰ পৰশত স্বৰ্গীয় সুখ অনুভৱ কৰিছিল। মাতৃত্বৰ প্ৰেৰণাই নাৰী সূলভ লাজ-সংকোচ
কাতি কৰি থৈ যাৰ ওচৰত সকলো সমৰ্পণ কৰি দিছিল সেই গৰাকী স্বামী বিয়োগৰ দুখ আজি
তাইৰ নাই— আছে
মাথোন মাতৃত্ব বাসনাৰ যন্ত্ৰণা। স্বামী বিয়োগৰ যন্ত্ৰণা সময় বাগৰাৰ লগে লগে পাতল
হৈ যায়। মাতৃ হোৱাৰ আশা মৰহি যায়। ধৰ্ম, সমাজ-সংস্কৃতিৰ হেঁচাত, ইচ্ছা মূৰ দাঙি উঠিব নোৱাৰে, কিন্তু মাতৃত্বৰ প্ৰেৰণা, স্ৰজনৰ ইংগিতত দেহৰ প্ৰতিটো লোমকূপ, শিৰা-উপশিৰাত জাগি উঠে মিলনৰ স্পৃহা।
যন্ত্ৰণাত ছট্ফটাই ধোবী দেৱতাৰ মূৰ্ত্তিৰ আগত মূৰ দোঁৱাই চকু পানী টুকে।
দুখীয়া
শনেই পড়িৰালৈ তাইৰ মনত পৰে। মনত পৰে বিগত দিনৰ কথা। মনত পৰে শিৱৰাত্ৰিৰ দিনা অকলশৰীয়া নিৰ্জন ঘৰত
শনেইৰ দেহৰ পৰশ আৰু তাৰ প্ৰতিজ্ঞাৰ কথা। তাইৰ লাজ লাগে। নিজকে তাই অপৰাধী ভাবে। তাই ভাবে, শনেইৰ মনত অযথা তাই আশাৰ প্ৰদীপ
প্রজ্বলিত কৰিছে। যি আশা তাই কেতিয়াও পূৰণ কৰিব নোৱাৰে। তাই অস্থিৰ হৈ উঠে।
চকুপানীয়ে তাইক শান্তি প্ৰদান কৰিব নোৱাৰে। তাই ব্যস্তভাবে উঠি যায়। চঞ্চলভাবে তাই বাহিৰলৈ
ওলাই আহি হৰি মহান্তিক মাতি সোধে-
পুখুৰীৰ
কাম কিমান দূৰ আগবাঢ়িছে ?
হৰি
মহান্তিয়ে তাইৰ কান্দোনমুৱা মুখলৈ চাই কিবা আশংকা কৰি কয়- কাম চলি আছে।
বনুৱাসকলৰ
খোৱা-লোৱাৰ বন্দৱস্ত ভালদৰে কৰিছে তো ?
হয়
আই, ঠাকুৰ ঘৰত চৌকা
বনোৱা হৈছে, তাতেই
আটায়ে খাই-বই আছে। কাৰো কোনো অসুবিধা হোৱা নাই ।
মই
নিজে সেইবোৰ চাব খুজো।
ধোবী
বাহিৰৰ কামত মনযোগ দিয়ে। মানুহে কি ক'ব, কি
নক'ব সেইফালে তাইৰ
লক্ষ্য নাই। ৰাতিপুৱা উঠি বিধেইৰ দেখা-শুনা কৰি চাকৰ-বাকৰৰ ওচৰত এৰি থৈ তাই ওলাই
যায়। পুখুৰীৰ কাম-কাজ
নিৰীক্ষণ কৰে। বনুৱাসকলৰ আবেদন-নিবেদন শুনে। ঘৰে ঘৰে গৈ গাঁৱৰ মানুহৰ খা-খবৰ লয়। কোনখন ঘৰত কাৰ
বেমাৰ-আজাৰ হৈছে, কাৰ
ঘৰত খাবলৈ নাই, কাৰ
ঘৰত ছাউনি নাই, কাৰ
ঘৰৰ জীয়ৰী বিয়াৰ উপযুক্ত হৈছে, অথচ হাতত টকা-কড়ি নাই ধোবী নিজে গৈ সকলো কথাৰ
বুজ লয়। মাথোন এইখিনিয়ে নহয়,
কাৰ পুখুৰী দলেৰে ভৰি আছে, গাঁৱৰ কোনটো কুঁৱাত পানী নাথাকে, বাৰিষা ৰাস্তা-ঘাটৰ ক'ত ক’ত বোকা-পানী জমা হয়, ধোবী সকলো বিষয়ে তদাৰক কৰে।
কেইটামান
মাহৰ ভিতৰত ধোবী গাঁৱৰ সকলো মানুহক আপোন কৰি ল'লে। তাইৰ চকুত গাঁৱৰ সকলো মানুহ তাইৰ আত্মীয়-স্বজন। কাৰো দুখ তাই চাব
নোৱাৰে। দুখ দেখিলে সহ্য কৰিব নোৱাৰে। গাঁৱৰ মানুহেও তাইক আত্মীয়-পৰিজনৰ
দৰে গ্ৰহণ কৰিছে। তাইক ভালপাবলৈ আৰম্ভ কৰিছে। ভালেই হওঁক বা বেয়াই হওঁক কোনেও
তাইৰ কথাৰ বাহিৰলৈ নাযায়। ধোবী যি কয়, গোটেই গাঁৱৰ মানুহে তাকেই শুনে, সেই অনুসৰি কাম কৰে। তাই গুচি গ'লে, পিছফালৰপৰা
সকলোৱে অবাক হৈ ইজনে-সিজনৰ মুখলৈ চাই ভাবে, ছোৱালীজনীৰ বৰ বুদ্ধি!
সকলোৰে
লগত সমভাবে মিলিবলৈ ধোবীৰ নিষ্ঠাৰ অভাৱ নাই। ব্ৰাহ্মণৰ প্ৰতি সন্মান, দেৱতাৰ প্ৰতি ভক্তি, জাতি-বর্ণভেদে যাৰ য'ত ঠাই তাতেই তাক বহিবলৈ অনুমতি দিয়ে।
তাইৰ ধাৰণা, ওখ-চাপৰ
ঠাই থকাৰ দৰে সমাজ জীৱনতো উচ্চ-নীচ,
ধনী-দৰিদ্ৰ ভেদ নিতান্ত জৰুৰী। নহ'লে সনাতন হিন্দু ধৰ্মৰ কোনো অর্থ নাথাকিব। সকলো যদি সমান হয়, সকলো যদি সুখী হয়, মানুহে কর্মফল বিশ্বাস নকৰিব। মানুহে
যদি কর্মফল নামানে, নীতি-অনীতি, ধর্ম-অধর্ম, পাপ-পুণ্যৰ কোনো প্রভেদ নাথাকিব। আটায়ে উচ্ছৃংখল
হ'ব। সমাজ বর্তি
নাথাকিব।
ধোবী
পুৰাণ পঢ়ে। ব্ৰাহ্মণৰ মুখৰ নাতিকথা, শাস্ত্ৰ উপদেশ শুনে। বিধবাৰ নিয়ম মানি চলে। মুক্ত হস্তে সাহায্য
কৰে। সকলোকে নিজৰ বুলি গণ্য কৰে।
মানুহৰ
মুখে মুখে ধোবীৰ প্ৰশংসা বিয়পি পৰে। আটায়ে ধন্য ধন্য কৰে। হৰি মহান্তিৰ কিন্তু
মন মৰি যায়। টকা-পইচা অনাহকত খৰচ হৈছে, দিনক দিনে সম্পত্তিৰ পৰিমাণ টুটি আহিছে। সকলো ভূতে খাইছে। ল'ৰামতীয়া মানুহ, বুজিবপৰা নাই। তথাপি সি তাইক কথাবোৰ
বুজাই ক'বলৈ সাহস গোটাব
নোৱাৰে। সি জানে, প্রতিবাদ
কৰিলে ধোবী মনত দুখ পায়। তাইৰ মুখখন শুকাই যায়। কান্দে। পুনৰ মনে মনে প্রতিজ্ঞা কৰে, আৰু সম্পত্তি উৰুৱাব, দিন মজদুৰসকলক বাটৰপৰা মাতি আনি হাল-কোৰ
মাৰি চহাই খাবলৈ মাটি-সম্পত্তি এৰি দিব। এইবোৰ কথা হৰি মহান্তিয়ে চিন্তেই চুইক
লেখি জনাব নোৱাৰে। চুইয়ে কি কৰিব?
নিজে নিজে ঠগিলে, তাক
কোনে কি কৰিব পাৰে ? এই
যুগৰ ল'ৰাই যি বুজে
তাকেই কৰে । কাৰো কথালৈ কাণসাৰ নকৰে।
মহান্তিয়ে
সেয়ে এই বিষয়ে চিন্তা কৰিবলৈ এৰি মনে মনে থাকে।
x x x
সিদিনা
পুনৰ পৰিমায়াৰ মাক কেওঁটনী আহিছিল। পুণিয়ে তাইক ইটো-সিটো কথা সুধি বুজিব পাৰিলে
যে, শনেই ঘৰ বনাইছে, জাতত উঠিছে, মহাদেৱ মন্দিৰৰ কাষৰ অনাবাদী মাটি পট্টা
কৰিছে। তাত বিভিন্ন ধৰণৰ গছ ৰোপন কৰিছে। দিন মজদুৰ কামত লগাইছে। শনেই
সুখ-আনন্দেৰেই আছে। পুণিৰ খবৰ সি জানে, তথাপি পুণিৰ ভাল-বেয়া খা-খবৰ ল'বলৈ সি অহা নাই৷
পৰিমায়াৰ
মাক গুচি গ'ল।
পুণি অকলে ঘৰত বহি শনেইৰ কথা, তাইৰ
নিজৰ কথা ভাবিবলৈ ধৰিলে। তাইৰ ককায়েকে তাইক পাহৰিছে। বিজাতিৰ লগত মিলা আৰু মৃত্যু
হোৱা একেই কথা ।
শনেইৰ
চকুত পুণি মৰিছে। তাৰ বাবে সি পুণিৰ নামটোও মুখত নানে। পুণিয়ে তেনেহ'লে শনেইৰ কথা ভাবিব কিয় ? ক্ষণিকৰ বাবে চোৱাৰ কাৰণে অস্থিৰ হ'ব কিয় ? বহুবাৰ তাই যাবলৈ মন মেলিছে, মধুৱাকো এই বিষয়ে কৈছে। মধুৱাই বাধাও দিয়া নাই, তথাপি তাই যাবপৰা নাই । তাই ভয় কৰিছে, যদি ককায়েকে তাইৰ মুখলৈ নাচায়, যদি গাঁৱৰ মানুহবোৰে তাইক সোধে, পুণি, তোৰ জানো কুঁৱা, পুখুৰী
মিলা নাছিল ? শেষত
বাউৰিৰ ঘৰত আশ্ৰয় ল’লি ?
তেতিয়া
তাই কেনেকৈ মুখ দেখুৱাব?
কেতিয়াবা
ভাবে, লোক-নিন্দা, লোক-লজ্জাৰ পৰা ৰক্ষা পাবলৈ কুঁৱা বা
পুখুৰীত জাঁপ দি মৰিব। কিন্তু এইবোৰ কথা ভবাৰ লগে লগে তাইৰ বুকু কঁপি উঠে। ভয়ে ভয়ে চাৰিওফালে চকু
ফুৰায়। তাইৰ চকুৰ আগত ভাহি উঠে মধুৱাৰ প্ৰতিচ্ছবি, তাৰ হাস্যমুখৰ মুখমণ্ডল, বলিষ্ঠ দেহ।
মধুৱাক
এৰি তাই কেনেকৈ মৰিব ?
পুণি
মৰিব নোৱাৰে। পুণি মৰিব নোৱাৰিব। তাইৰ বন্ধন নিবিড় হৈ উঠিছে। পেটৰ ভিতৰত থিতাপি লৈছে মধুৱাৰ
আত্মা। পুণিৰ মনত মাতৃ হোৱাৰ কামনা জাগি উঠিছে। মধুৱাও এই কথা জানে। কিমান আনন্দেৰে, কিমান আকুলতাৰে পুণিৰ মুখলৈ চাই থাকে
সি। পুণি লাজত তলমূৰ কৰে। মধুৱাই কিমান আগ্ৰহেৰে নির্বোধ প্রশ্ন কিছুমান সুধি পেলায়!
পুণি মাথোন হাঁহে, উত্তৰ
দিব নোৱাৰে। উত্তৰ তাই নাজানে।
তেতিয়া
পুণি মাথোন হাঁহে। হাঁহি হাঁহি পলাই যায়। মধুৱা তাইৰ পিছে পিছে খেদি যায়। পুণিৰ কাপোৰ টানি
ধৰে। পুণি ঘৰৰ ভিতৰলৈ সোমাই যায়। মধুৱাক তেতিয়া কেনে সুন্দৰ দেখে পুণি! তেনেকুৱা
সুন্দৰ ৰূপ যেন তাই জীৱনতো দেখা নাই। মধুৱা সময়ৰ কথা পাহৰি যায়, কঁপা কঁপা হাতেৰে পুণিক ধৰি পেলায় ।
মৃত্যুৰ
ভাবনা পাহৰি যায়।
যিদিনাৰপৰা
ধোবী আহি এইখন গাঁৱত থিতাপি লৈছে,
পুণি সিদিনাৰপৰা নায়েক ঘৰৰ ফালে যোৱা নাই। ধোবীৰ প্ৰশংসা শুনে। তাই
তেতিয়া ঈৰ্ষাত জ্বলি উঠে। চিন্তেই চুইৰ জীয়াৰী ধোবী, তাইৰ ল'ৰালিৰ লগৰী, নায়েক
ঘৰৰ বোৱাৰী, লাখপতি।
মধুৱাই
মালিকীনিৰ প্ৰশংসা কৰে। পুণি মাথোন শুনে, একো নকয়৷
সকলোৰে
লগত মধুৱাও ধোবীৰ ভৰিত ধৰি খেতি কৰিবলৈ দুবিঘা মাটি বিচাৰিছিল। ধোবী আপত্তি কৰা
নাছিল। মধুৱাই মাটি পালে। মাটি চহাবলৈ বলধ এহালো পালে। বেলেগ চাকৰ আৰু আধিয়াৰ
খেতিয়কসকলে অজাতি, নীচ
মধুৱাৰ সৌভাগ্য দেখি তবধ মানিলে। জমিদাৰণীয়ে মধুৱাক স্নেহ কৰে। মধুৱাৰ ওপৰত তাইৰ
বৰ দয়া, বৰ ভৰসা।
সঁচা
কথা। ধোবী মধুৱাক ভালপায়, বিশ্বাস
কৰে। তাই জানে, বাউৰি হ'লেও মধুৱাৰ মনোবল আছে,
সাহস আছে। মধুৱাৰ বুকুৰ মাজত দয়া, ধর্ম.
প্রেম লুকাই আছে। নজনা-নুশুনা, বাটৰ
মুমূর্ষু অচিনাকি জীয়ৰীক সি আশ্রয় দিছে; বচাইছে। সমাজৰ বিৰুদ্ধে বুকু ফিন্দাই থিয় হৈ অচিনাকি ভিখাৰিণীক সি
নিজৰ কৰি লৈছে। কাৰো টিকা-টিপ্পনিলৈ কাণসাৰ কৰা নাই, কাৰো ডাবি-ধমকিলৈ ভয় কৰা নাই।
প্রয়োজন
হ'লেই ধোবীয়ে
মধুৱাক মাতি আনে। কয়, আৰে, মধুৱা, ধৰ্মশালাৰ কাম আধৰুৱা হৈ পৰি থাকিব নেকি ? আৰু বনুৱা নিয়োগ কৰ, বাৰিষা আহি আছে। ইটাবোৰ এতিয়াই পোৰা
নহ'লে বৰষুণত বেয়া
হৈ যাব দেখোন।
তুমি
ব্যস্ত নহ'বা, আই। মই সকলো ঠিক কৰি দিমহি।
মধুৱাৰ
মুখত মা মাত শুনি ধোবী চমকি উঠে। মধুৱা পুণিৰ গিৰিয়েক। ধোবী মধুৱাৰ বলিষ্ঠ মাংসল
পেশীলৈ চাই থাকে। খন্তেক পাছত চকু ঘূৰাই আনে।
মধুৱা
কামত লাগে। দিন-ৰাতি, ৰ'দ-বৰষুণ নামানে। গাঁৱে গাঁৱে গৈ বনুৱা
মাতি আনে। কান্ধত কান্ধ লগাই হাড়ভঙা পৰিশ্ৰম কৰে। এইবোৰ কথা ধোবী জানে। ধোবী আনন্দিত হয়। ইটা ভাটাত জুই জ্বলে।
ধৰ্মশালাৰ ছাদৰ কাম আৰম্ভ হয়। ধোবী যি ফালে চায়, সেইফালেই দেখিবলৈ পায় মধুৱা কামত লাগি আছে। অকণো অৱসৰ নাই। বেলেগ চাকৰ-বাকৰৰ দৰে কামত ফাঁকি দিবলৈ চেষ্টা
নকৰে। দেহৰপৰা ঘাম নিগৰি পৰে। ধোবী মধুৱাৰ এই হাড়ভঙা পৰিশ্ৰম সহ্য কৰিব নোৱাৰে ।
আৰে
মধু....আ... আ...
মধুৱা
পিছুৱাই যায়।
ধোবী
বিধেইৰ হাতত ধৰে। বিধেই সৰু সৰু ভৰিৰে খোজ কাঢ়ে। ৰ'দৰ তাপত বিধেইৰ ভৰিৰ তলুৱা পুৰি যায়।
আইদেউ, মই এওঁক কোলাত ল'ম নেকি ?
মধুৱাই
বিধেইক কোলাত লয়। ধোবী পিছফালে ঘূৰি চায়।
আৰে, মধু ৰাতিপুৱা তই কি খালি ?
কপালৰ
ঘাম মচি মধুৱাই কয়- খাইছোঁ আইদেউ,
কালি ৰাতিৰ বাহী ভাত খাই আহিছোঁ।
ধৰ, এই পিঠাটো খাই ল' । ধোবী মুখেৰে এটা পিঠাৰ কথা ক'লেও দুটা পিঠা দিয়ে। মধুৱা আনন্দ মনেৰে যাবলৈ উদ্যত হয়। কি সুন্দৰ
ঘিউৰে ভজা পিঠা! পুণিয়ে আগতে পিঠা মুখত নিদিলে সি খাব নোৱাৰিব। তাৰ পেটত হজম নহ'ব। ইচ্! পুণি তালৈ বাট চাই বহি আছে।
প্ৰাণ গ'লেও তাই অকলে
নাখায়। ইয়াকে লৈ সি
পুণিৰ লগত কাজিয়াও কৰে। কিমান ৰাগ-খং, মান-অভিমান, মাতবোল
বন্ধ, চকুত চকুপানী!
তথাপি পুণিৰ তাৰ কাৰণে অপেক্ষা কৰি বহি থকাৰ বদ অভ্যাস নগ'ল। মধুৱাৰো লোকৰ ঘৰত পানী পর্যন্ত
স্পৰ্শ নকৰাৰ বদ অভ্যাস দূৰ নহ'ল।
আৰে, পিঠা দুটা কাপোৰত বান্ধিলি কিয়, মধু ? খাই ল'। তোৰ পেট দেখোন
পিঠিৰ লগত লাগি আছে।
মধুৱাই
কোনো উত্তৰ নিদিয়ে। তলমূৰ হৈ থিয় দি থাকে।
খাই
ল’চোন। ঘৰলৈ নিবি? বেলেগ পিঠা নাই বুলি ভাবিছ নেকি ? আৰু দুটামান পাছত ঘৰলৈ লৈ যাবিহি।
গা
ধোৱাই নাই, আইদেউ
।
ধোবী
মধুৱাৰ মনৰ কথা উপলব্ধি কৰিব পাৰে। ভাবে, পুণি সুখী। মধুৱাক বহু কথা সুধিবলৈ ধোবীৰ মন উচ্পিচায়। হেৰা মধু, পুণি ইয়ালৈ নাহে কিয়? তাইক আহিবলৈ ক'বিচোন। তাই মোৰ ল'ৰালিৰ লগৰী।
লৌকিকতাই
ধোবীৰ মুখ বন্ধ কৰে। পুণিৰ কথা একো সুধিব নোৱাৰে ৷
মই
বৰ দুখীয়া, আইদেউ।
সকলো বস্তুৰে জুই-ছাই দাম। আপোনাৰ ইয়াত কাম কৰি যি পাওঁ, তাৰে পেটকেই আঁটিব নুখুজে।
ধোবী
কয়- খন্তেক ৰ'চোন
।
ধোবী
ভিতৰলৈ সোমাই যায়। এখন কাপোৰ আৰু এখন শাৰী হাতত লৈ ওলাই আহে। কয়- ল' মধু, এই পুৰণি শাৰীখন তোৰ ঘৈণায়েৰৰ আৰু এই কাপোৰখন তোৰ। তই বৰ দুখীয়া, মধু। পিন্ধিবলৈ কাপোৰ নাই, চিঙা কাপোৰখনকে পিন্ধি আহিছ।
মধুৱাৰ
মন কৃতজ্ঞতাত ভৰি উঠে। দীঘল দি পৰি প্ৰণাম কৰে। কয়- তুমি গৰীৱ দুখীয়াৰ মা, আইদেউ।
ধোবী
এইবোৰ কথা শুনিবলৈ ৰৈ নাথাকে। চল্চলীয়া চকু লৈ ঘৰৰ ভিতৰলৈ সোমাই যায়। বেলেগ চাকৰ-বাকৰবোৰ
ঈৰ্ষাত জ্বলি উঠে। পুৰণি বুলি আইদেৱে যি কাপোৰ দিলে, সেয়াতো একেবাৰে নতুন। অজাতি, বিধর্মী মধু বাউৰিক আইদেৱে ইমান স্নেহ কৰে কিয় ? ইজনে সিজনৰ মুখলৈ চায়। মনত বহু
কিন্তুই ভুমুকি মাৰে, চকুত
ভাহি উঠে সন্দেহৰ বিষবাষ্প। সি সুন্দৰ, সি বলিষ্ঠ, সি
যুৱক।
মধুৱা
ঘৰলৈ আহে। দেখে, পুণি
গালত হাত দি সি অহালৈ বাট চাই বহি আছে।
পুণিৰ
ওঁঠত হাঁহিৰ ৰেখা বিৰিঙি উঠে। কিন্তু তাই আনন্দিত হ'ব নোৱাৰে। ধোবীয়ে তাক মাটি দিছে, ধান দিছে। বহুধৰণে সাহায্য কৰিছে। তাৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ কিমান
চেষ্টা কৰি আছে, কিন্তু
পুণিৰ এইবোৰ মাৰ শোধোৱাৰ দৰে অনুমান হয়। তাই মধুৱাৰ মুখত ধোবীৰ প্ৰশংসা শুনে। তাই জানে, ধোবীয়ে মধুৱাক শ্ৰদ্ধা কৰে, তথাপি পুণিৰ মনলৈ আনন্দ নাহে। ঘৰ-দুৱাৰ
এৰি থৈ মধুৱাক লৈ কোনোবা দূৰণিলৈ পলাই যাবলৈ মন যায় তাইৰ।
ধোবী
বহু দিন ধৰি এইখন গাঁৱলৈ আহিছে। সকলোৰে ঘৰে ঘৰে গৈছে। মানুহবোৰৰ ভাল-বেয়া, সুখ-দুখৰ বুজ লৈছে। এদিন ধোবী মধুৱাৰ
ঘৰৰ সন্মুখ দিয়ে বাউৰি সাহিৰ কুঁৱা, পুখুৰী চাবলৈ গৈছিল। ধোবীক দূৰতে দেখি পুণি লাজ, অভিমানত সিদিনা ঘৰৰ ভিতৰলৈ সোমাই
গৈছিল। লগৰ মানুহবোৰে সেইখন মধুৱাৰ ঘৰ বুলি চিনাকি কৰি দিছিল। কেৰাহিকৈও তাই
সেইফালে চোৱা নাছিল। আগবাঢ়ি গৈছিল।
পুণি
দৰজাৰ ফাঁকেৰে সকলো দেখিছে আৰু চকুপানী মচিছে।
পুণিৰ
খবৰ নাজানে নেকি ধোবী? তাই
নিশ্চয় সকলো জানে। আত্মমর্যদাৰ ভয়ত, লোকনিন্দাৰ
ভয়ত অথবা ঘৃণাত তাই পুণিক চাব নিবিচাৰে । কি ভৰসাত পুণি আগবাঢ়ি যাব? ভৰিৰ তলত থিয় হৈ ধোবীক আইদেউ বুলি মাতিব?
সেয়ে
মধুৱাই যিমানে তোষামোদ নকৰক কিয় পুণি ধোবীৰ লগত দেখা কৰিবলৈ যোৱা নাই।
মধুৱাই
কেতিয়াবা তাইক ধোবীৰ লগত দেখা কৰিবলৈ যাবলৈ জেদো ধৰে।
এদিন
ৰাতি মধুৱাই পুণিক কাবৌ-কোকালি কৰি ক'লে- তই কাইলৈ যেনেকৈয়ে পাৰ যাবি। আইদেউৰ লগত দেখা কৰি আহিবি। তাই মা
লক্ষ্মী।
পুণিৰ
দেহত যেন কোনোবাই কটাৰীৰেহে চলালে। তাইৰ মনত পৰি গ'ল বহু দিন আগৰ এটি ঘটনাৰ কথা। চিন্তেই চুই নীচ জাতিৰ বুলি পুণিৰ
দেউতাকে ধোবীৰ লগত ককায়েক শনেইৰ বিয়াত মত দিয়া নাছিল। দিন যায় কিন্তু কথা
বহুদিনলৈ ৰৈ থাকে।
সেই
ধোবীৰ আগত তাই আঠুকাঢ়ি থিয় হ'ব?
মধুৱাৰ
কথাৰ উত্তৰ পুণি দিব নোৱাৰিলে। তাই পুনৰ ভাবিবলৈ ধৰিলে, কাৰ অহংকাৰ এই সংসাৰত বৰ্তি আছে ? কেতিয়া কি হয় তাৰ একো ঠিক নাই।
পৃথিবীখন ওলট-পালট হৈ যায়। যাৰ আশ্ৰয় লৈ তাই জীয়াই আছে; সেই মধুৱাইতো ধোবীৰ ভৰিৰ তলত মূৰ দোঁৱাইছে। পুণিৰ মান- মহত্ত্ব, অহংকাৰ আকৌ ক'ত থাকিল ? পড়িৰাৰ সেই জীয়েক, শনেই পড়িৰাৰ সেই ভনীয়েক কেতিয়াবাই
মৰিছে। এই পুণি অন্নসত্ৰৰপৰা অহা মধু ভুঁইৰ গৃহিণী। তাইৰ আকৌ মান-অভিমান কি ?
তাই
ধোবী আইদেউৰ লগত দেখা কৰিবলৈ যাব। এইদৰে সংকল্প ল'লে তাই।
মধুৱা
শুনি সুখী হ'ল।
x x x
তিনি
বছৰ পাৰ হ'ল।
কেতিয়া
আৰম্ভ হৈছে এই সময়— বছৰ, মাহ, মুহূর্ত পুনৰ কেতিয়া শেষ হ'ব?
ইয়াৰ
আৰম্ভণি নাই আৰু শেষো নাই। মানুহৰ কল্পনা অনন্ত। মানুহৰ এই কল্পনাৰ মাজতে কণ কণ
ধূলিকণাৰ দৰে কিমান বিশ্বব্ৰহ্মাণ্ড ঘূৰি ফুৰে। আৰু মানুহবোৰে সেই অনন্ত কল্পনা, অসীম সময়ৰ ব্যাপ্তিৰ মাজত লীন হৈ
যায়। সত্ত্বা হেৰুৱাই পেলায়। মনুষ্য জাতিৰ সৃষ্টিতো সিদিনাৰ কথা। তাৰ প্ৰশ্নবোধক
সভ্যতাতো যোৱাকালিৰ কথা। মানুহৰ জীৱন কাল অনন্ত সময়ৰ তুলনাত এটা মুহূৰ্তও নহয়। আৰু তিনিটা বছৰ!
তাৰ সত্ত্বা ক'ত ?
শনেই
পড়িৰাই কিন্তু ইমানবোৰ কথা ভবা নাছিল। সি ভাবিছিল,
তিনিটা বছৰ পাৰ হৈ গৈছে; বছৰৰ পাছত বছৰ পাৰ হৈছে। খৰালি, বাৰিষা, শীত, বসন্ত! দেহৰ প্ৰতিটো লোমকূপৰপৰা ঘাম সৰাই, দিন-ৰাতি একাকাৰ কৰি সি কাম কৰিছে, হাড়ভঙা পৰিশ্ৰম কৰিছে।
দৌল, দূৰ্গা পূজা, ৰাম নৱমী, শিৱৰাত্ৰি এইদৰে কিমান পুণ্য পৰ্ব
আহিছে। গাঁৱৰ পথ-ঘাট, গাঁৱৰ
মানুহৰ মাজত কিমান আনন্দ, চাঞ্চল্য, উত্তেজনাৰ ঢৌ খেলি গৈছে; কিন্তু শনেই পড়িৰাই একমাত্ৰ চান্দা
দিয়াৰ বাহিৰে কোনোটোতে যোগদান কৰা নাই। গাই, বলধৰ যত্ন, খেতিৰ
ফচল পহৰা দিয়া আৰু সময় পালে নিজে কোৰ মাৰি মাটি চহোৱা, নাইবা বিলৰপৰা পানী বোৱাই আনি খেতিত
দিওঁতেই তাৰ সময় পাৰ হৈছে।
অনাথ
পাঠান সন্তান ৰহিম পোন্ধৰ বছৰীয়া কিশোৰ, যাক অনুগ্ৰহ কৰি সি নিজৰ ঘৰত আশ্ৰয় দিছে। ৰহিমে তাৰ একমাত্ৰ
বিশ্বাসী বন্ধু, সহায়ক।
ৰহিমৰ এই সংসাৰত কেও নাই। দুর্ভিক্ষত, হাইজাত কোন বা ক'ত
মৰিল! ৰহিম হাড়কেইডাললৈ ভিক্ষা মাগি ফুৰিছিল। শনেই তাৰ মুমুর্ষু দেহত নতুন জীৱন
সঞ্চাৰ কৰিছে। তাক আপোন কৰি লৈছে। বিশি সামন্ত শনেইৰ মাহেকীয়া চাকৰ। আদহীয়া। কামৰ মানুহ। বছৰেকীয়া হিচাপে দৰমহা
লৈ কাম কৰে।
ৰহিম
আৰু বিশিক লৈ শনেই পুৰা তিনিটা বছৰ কাম কৰিছে। মহাদেৱ মন্দিৰৰ পুখুৰীৰ অনাবাদী মাটি খেতিৰ
উপযোগী কৰি শস্য উৎপাদন কৰিছে। শনেইৰ খেতি, বাগিচা, ফচল
দেখি মানুহে হুমুনিয়াহ কাঢ়ে। কোৱা-মেলা কৰে, চোৱাচোন, এই
মাটি কেনেকৈ পৰি আছিল আৰু এতিয়া কি হৈছে ? পুখুৰীৰ পাৰৰ কলৰ বাগানত বিছ পঁচিশ থোককৈ কল লাগিয়ে থাকে। আলু, বিলাহী, বেঙেনা, চীনা
বাদামকে আদি কৰি সকলো ধৰণৰ ফচল শনেইৰ খেতিত উৎপাদন হয়। পুখুৰীৰ তলিত ভাল ধান হয়।
মানুহে দেখি হুমুনিয়াহ কাঢ়ে। মাটিৰ বুকু ফালি শনেই টকা বাহিৰ কৰিছে। সেই টকাৰে
দহৰ পৰা কুৰি বিঘা মাটি কিনিছে। ল'ৰাজনক
ধন্যবাদ দিব লাগিব।
শনেইৰ
মনত কিন্তু শান্তি নাই। মাটি-বাৰী,
ধন-সম্পত্তিৰে কি হ'ব? কি হ’ব ভঁৰাল ভৰা ধানেৰে ?
যাৰ কাৰণে সি ইমান পৰিশ্ৰম কৰিছে, যাৰ কাৰণে সি এইবোৰ উপাৰ্জন কৰিছে, সঞ্চয় কৰি ৰাখিছে,
তাই আজি ক'ত? বহু মানুহৰপৰা ধোবীৰ বিষয়ে নানা খবৰ
পায়- তাইৰ
প্ৰশংসা শুনে। ধোবী মন্দিৰ নিৰ্মাণ কৰিছে, দৰিদ্ৰ নিৰাশ্ৰয়ৰ কাৰণে আশ্ৰম খুলি দিছে, নিৰম্নসকলক খাবলৈ দিছে- আশ্রয় দিছে। তাই দুর্ভিক্ষগ্রস্ত
অজাতি, অনাথ, অস্পৃশ্যসকলক চেনেহ কৰে, ঘৰ নিৰ্মাণ কৰি দিয়ে, খাই-বই থকাৰ বাবে মাটি-বৃত্তি দিয়ে।
দূর্গাপুৰত
বহু দুর্ভিক্ষগ্ৰস্ত মানুহে আশ্রয় পালে। বহুতে নিজেই ঘৰ-বাৰী কৰি থাকিল। সকলো এক
জাতি। সকলোৰে এক ধৰ্ম। ব্ৰাহ্মণ, ক্ষত্রিয়
এনেকি হাড়ি, পাণৰ
মাজত কোনো প্রভেদ নাই। যিয়ে অন্নসত্ৰত আশ্ৰয় লৈছে, যিয়ে যাক বাটৰপৰা বুটলি আনি নিজৰ স্বামী অথবা স্ত্রীৰ মৰ্যদা দিছে
সকলো একেটা জাতিৰ মানুহ। ধোবীয়ে সিহঁতক কয়, নিৰাশ্রয়। মানুহবোৰে কয়, অন্নসত্ৰত খোৱা।
সকলোকে
তাই স্নেহ কৰে, শ্রদ্ধা
কৰে; কিন্তু
সকলোৰেপৰা আঁতৰত থাকে। হেজাৰ হ'লেও
সিহঁত আচাৰভ্ৰষ্ট। সিহঁতৰ শৰীৰ অপবিত্র! সেইসকল হিন্দু যদিও অস্পৃশ্য, ম্লেচ্ছ। ধোবী হিন্দু ঘৰৰ উচ্চজাতিৰ, উচ্চবংশৰ বিধবা বোৱাৰী। বিধবাৰ আচাৰ-নীতি
তাই আখৰে আখৰে পালন কৰে। তাৰবাবে মানুহবোৰে তাইক প্ৰশংসা কৰে ।
শনেই
সকলো কথা শুনিবলৈ পায়। আনন্দিত হয়। সময়ে সময়ে ভাবে, ধোবীৰ লগত দেখা কৰিবলৈ যাব। কিন্তু
যাবলৈ সাহস গোটাব নোৱাৰে। মানুহবিলাকে কি ভাবিব ? চিন্তেই চুই নিজেই ধোবীক সন্দেহৰ চকুৰে চায়। তেওঁ সকলোৰে ওচৰত
প্ৰচাৰ কৰি দিছে, ধোবী
তোলনীয়া পো লৈছে। ধোবীয়ে নায়েক ঘৰৰ অধিকাংশ সম্পত্তি তাইৰ বলিয়ালিৰ ফলত ধ্বংস
কৰিছে, এই কথা চিন্তেই
চুই সহ্য কৰে কেনেকৈ ?
ধোবীক
বিষ্ণুপুৰলৈ ঘূৰাই অনাৰ বাবে চুঁইয়ে কিমান কৌশল প্রয়োগ কৰি আছে শনেই এই কথা জানে।
আইতাকৰ শ্ৰাদ্ধৰ সময়ত পালকী গৈ ঘূৰি আহিল ৷ ধোবী অসুস্থতাৰ ছলনা কৰি আইতাকৰ
শ্ৰাদ্ধলৈ নাহিল। অথচ ব্ৰাহ্মণ ভোজনৰপৰা আৰম্ভ কৰি অন্যান্য সকলো খৰচ ধোবী নিজে
বহন কৰিছে। এই বিষয়ে তাইৰ গোমস্তা হৰি মহান্তিয়ে সকলো ঠিক-ঠাক কৰি দি গৈছিল৷
জোকৰ
মুখত চূণ পৰাৰ দৰে চিন্তেই চুই ছট্ফটাবলৈ ধৰিলে। তথাপি তেওঁ মনে মনে থাকিল। কৌশল
কৰি বিধেইক লৈ আহিল। ধোবীয়ে আপত্তি নকৰিলে। কিবা
ভাবি চিন্তেই চুই পুনৰ বিধেইক দূর্গাপুৰ লৈ পঠিয়াই দিলে।
শনেই
এইবোৰ খবৰ জানে। দেউতাক-জীয়েকৰ মিল নাই। দেখ-দেখকৈ ভালৰি বুলিলেও চিন্তেই চুইয়ে
কিন্তু ধোবীক বিষ্ণুপুৰলৈ অনাৰ কাৰণে তলে তলে চেষ্টা কৰি আছে। কোনোমতে ধোবীক
বিষ্ণুপুৰলৈ আনিব পাৰিলেই সকলো সম্পত্তি পুনৰ নিজৰ হাতলৈ আনিবলৈ তেওঁৰ সময়
নালাগিব। চুইৰ ধাৰণা, ধোবীৰ
সন্মুখত শনেইক তেওঁ যি অপমান কৰিছিল তাৰ বাবেই ধোবীয়ে এই বিদ্ৰোহ কৰিছে। শনেই এই
কথা পহৰাজৰ মুখৰপৰা শুনিছে।
এই
কথাৰ প্ৰমাণো সি পাইছে। এবছৰমান আগতে চিন্তেই চুই নিজেই শনেইৰ ঘৰলৈ আহিছিল। শনেইৰ গুণ-বুদ্ধিৰ
বহু প্ৰশংসা কৰিছিল। কথাৰ মাজতে তেওঁ কৈছিল- আৰে শনেই, তোৰ হাল-বলধ, চাকৰ-বাকৰ, ঘৰ-দুৱাৰতো হ'লেই তোৰ দেউতাৰে মোৰ ওচৰত মাটি বিক্ৰী
কৰিছিল, সেই মাটি আধিলৈ
তই এতিয়া খেতি কৰ।
শনেই
উত্তৰ দিছিল- মোৰ নিজৰ মাটি যিখিনি আছে তাত খেতি কৰিবলৈকে মোৰ সময়ে নাটে। মোৰ পূৰ্বপুৰুষৰ
মাটি সেইবোৰ, যদি
উচিত মূল্য লৈ বিক্ৰী কৰে তেনেহ'লে
মই কিনিবলৈ সন্মত আছোঁ।
চুইয়ে
এই কথাৰ কোনো উত্তৰ দিয়া নাছিল।
আকৌ
এদিন মহাদেৱ মন্দিৰৰ ভাল-বেয়া খা-খবৰ লোৱাৰ পাছত কৈছিল- হেৰা, বয়সতো কম হোৱা নাই, এক হাত দুই হাত হৈ ল' । ঠাকুৰে ভালেৰেই ৰাখিছে যেতিয়া এতিয়া আকৌ চিন্তা কিহৰ ?
চিন্তেই
চুইঁ তাৰ ভাল-বেয়া খবৰ ল'বলৈ
ইমান উদ্বিগ্ন কিয় ? কাৰণ
সি জানে, ধোবীয়ে শনেইক
ভাল পায়। শনেইও ধোবীক ভাল পায় । সাহস গোটাই শনেই কাকো মনৰ কথা খুলি নক'লেও সি ধোবীক বিচাৰে। ধোবীৰ মাকে এই
বিষয়ে চিন্তেই চুইৰ লগত বহু সময়ত তৰ্কও কৰে, চুইয়ে তাইৰ কথা হাঁহি উৰুৱাই দিয়ে। তথাপি তেওঁৰ হৃদয়ৰ গভীৰত
সন্দেহৰ জুইকুৰা উমি উমি জ্বলি থাকে। মানুহক নানা ভাবে সোধে, শনেই দূর্গাপুৰলৈ যায় নেকি ? দূর্গাপুৰৰ পৰা কোনো মানুহ শনেইৰ ঘৰলৈ
আহে নেকি ? যিসকলৰপৰা
চিন্তেই চুই এইবোৰ খা-খবৰ ল'বলৈ
চেষ্টা কৰে সিহঁতেই শনেইৰ আগত এইবোৰ কথা প্ৰকাশ কৰে। শনেই শুনে আৰু হুমুনিয়াহ
কাঢ়ে।
এইবোৰ
কথা শুনি দূর্গাপুৰলৈ গৈ ধোবীক খন্তেকৰ বাবে দেখি আহিবলৈ শনেইৰ মনৰ মাজত বাসনা
উঁকি মাৰে। সেই বাসনা আকৌ নিজে নিজেই মনৰ মাজত মৰহি যায়। সি জানে, কথা গুপুতে নাথাকে। মানুহে জানিব, চিন্তেই চুই জানিব, পৃথিবী ব্যাপী দুর্নাম ৰটনা হ'ব। ধোবী বিধবা। তাৰ কাৰণে তাই কিয়
দুর্নাম সহ্য কৰিব? ধোবী
তাৰ গৃহিণী হ'ব।
এই কথা চিন্তেই চুই সহ্য কৰিব নোৱাৰে। বাপেকৰ ইচ্ছাৰ বিৰুদ্ধে বিষ্ণুপুৰৰ সকলো
সম্পত্তি ভৰিৰে ঠেলি ধোবী দুখীয়া খেতিয়ক শনেইৰ হাতত ধৰিব ?
তাৰ
মনত পৰে শিৱৰাত্ৰিৰ নিশাৰ কথা। দেহ শীতল হৈ উঠে, মন চঞ্চল হয়, চকুৰ
পতাত স্বপ্নালোকৰ আনন্দ খেলি যায়। ধোবী নিজেই তাৰ ওচৰত ধৰা দিছিল, আৰু সি নিজেই স্বীকাৰ কৰিছিল— এই ঘৰ ধোবীৰ। এই সংসাৰ, এই সম্পত্তি সকলো ধোবীৰ। শনেই নিজেও
ধোবীৰ আৰু ধোবী শনেইৰ। যোৱা সময় পাৰ হৈ যায়। কিন্তু সময় বা স্থান-কালৰ ব্যৱধানে
ধোবীৰ মন ও শনেইৰ মনৰ মাজত স্থান কালৰ দূৰত্ব ৰচনা কৰিব নোৱাৰে। শনেই পৰিশ্ৰম কৰিব, শনেই অপেক্ষা কৰিব।
কিন্তু
কিমান দিন ? শনেইৰ
কৰ্মক্লান্ত দেহে সংযম ধৰি ৰাখিব নোৱাৰে। তাৰ হৃদয়ে লগৰী বিচাৰিছে। দিনে দিনে সি
চিন্তাশীল হৈ উঠিছে। একো ভাল নলগা হৈছে। সি বহুদিন অপেক্ষা কৰিছে আৰু নোৱাৰে। নাতিদূৰৰ গহীৰ বিলৰ
বুকু দুভাগ কৰি যিটো বাট গুচি গৈছে,
সেই বাটেদি শনেই কেইজনমান স্ত্ৰী-পুৰুষ আহি থকা দেখিলে। শনেইৰ অবাধ্য
চকুযোৰ বাৰে বাৰে সেইফালে গৈছে। যেন তাৰ চকুযুৰিয়ে কিবা বিচাৰি ফুৰিছে।
নাৰিকলজোপাৰ আঁৰৰপৰা কাৰোবাৰ হাঁহিৰ শব্দ ভাহি আহিল। শনেই কাণ পোণালে ।
শনেই
যুৱক। ধৰাৰ প্ৰতিজনী নাৰীয়ে যেন তাক চঞ্চল কৰি তুলিছে। তাৰ মন আৰু আত্মাক চঞ্চল
কৰি তুলিছে। সি আৰু সহ্য কৰিব নোৱাৰে, অপেক্ষা কৰিব নোৱাৰে। সি লগৰী বিচাৰে, সি ধোবীক বিচাৰে, যাৰ
বাবে সি জীয়াই আছে, যাৰ
বাবে সি ঘৰ নিৰ্মাণ কৰিছে। পৰিশ্ৰম কৰিছে।
সিদিনা
আছিল ৰাম নৱমী।
কোনোবাই
হাত চাপৰি বজাই জনাই গ'ল, আজি ৰাম নৱমী যাত্ৰা। ৰামলীলা আৰম্ভ হ'ব। পহৰাজে ৰামায়ন গাই শুনাব, ভাৱৰীয়াসকলে মুখা পিন্ধি নৃত্য কৰিব।
পৰি দলেইৰ দুই পুতেক চঁৰা আৰু ডোঁৰা হ'ব ৰাম-লক্ষ্মণ। বিনি কাণ্ডিৰ পুতেক হ'ব সীতা। বিশি জেনা ৰাৱণ, মাধৱ ৰাউত বিভীষণ। গাঁৱৰ মানুহবোৰে শনেইক হনুমানৰ ভাও ল'বলৈ কৈ আছে। চিন্তেই চুই নিজেও খবৰ
পঠাইছে; কিন্তু সি
এতিয়ালৈকে যোৱা নাই।
সি
চান্দা দিছে; কিন্তু
ৰাতি উজাগৰে জাগি পাঁচটা মৌজাৰ মানুহৰ আগত নাচিবলৈ সি ইচ্ছা কৰা নাই। শনেই ভাও ল'বলৈ অমান্তি হোৱাত গাঁৱৰ মানুহবিলাক খং
অভিমানত ফুলি আছে। চিন্তেই চুইয়ে কৈছে- ৰ'বাচোন, সময়
হ'লে সি নিজেই আহি
গাঁৱৰ মানুহৰ ভৰিৰ তলত লুটি খাই পৰিব। ধৈর্য ধৰাচোন ।
শনেই
জানে, গাঁৱৰ মানুহৰ
লগত অৰিয়াঅৰি কৰি চলা টান। সেয়ে সি সিদ্ধান্ত লৈছে, সন্ধিয়া সি নিজেই মন্দিৰলৈ যাব আৰু
হনুমানৰ মুখা পিন্ধি নাচিব।
সন্ধিয়া
হ'ল। ৰহিমক ওচৰলৈ
মাতি আনি শনেই ক’লে-
হেৰা, অসময়ত কাম কৰি কৰি তোৰ চেহেৰা কি হৈছে মন কৰিছনে? নিষেধ কৰিলেও নামানিবি, পুনৰ জ্বৰ হ'ব লাগিলে মোৰ অৱস্থা কি হ'ব, ভাবি চাইছ জানো ?
ৰহিম
তলমূৰ কৰি কথাবোৰ মনে মনে শুনি থাকিল। শনেই তাৰ বাপেক-মাক-ভায়েক সকলো। গা বেয়া হ'লে কোনে ৰাতি উজাগৰে জাগি বহি থাকিব, কোনে তাক পথ্য খোৱাব, কোনে ভৰি পিটিকি দিব? দিব এই শনেই ককাইয়ে। সি জানে, বিলৰ মাটিত যদি সি নিজে কোৰ
নামাৰিলহেঁতেন শনেই ককায়ে নিজেই কোৰ ধৰিলেহেঁতেন। সেই বাবেই সি নিজে কামখিনি
আগতীয়াকৈ কৰি থৈছে।
শনেই
ক'লে- বাৰু যা, সোনকালে হাত-ভৰি ধুই আহ। মই তোক ভাত
বাঢ়ি দি আছোঁ। ৰাতি আৰু ভাত ৰান্ধিব নালাগে। তই ৰাতি সাৰে থাকিবি। গাই গৰু, বলধ আৰু ঘৰৰ প্ৰতি লক্ষ্য ৰাখিবি। আজি ৰাম নৱমী যাত্ৰা। মই
নাচিবলৈ যাম। গাঁৱৰ মানুহে মোক মাতি পঠাইছে। নগ'লে আক্রোশ বাঢ়িব।
ৰহিমে
মুখৰ ঘাম মচি ক'লে-
বিশি সামন্তই হাটৰপৰা আহি খাব কি ?
তাৰ বাবে ভাত বাঢ়ি ডেকচিত থৈ যোৱা।
শনেইয়ে
চাবিপাত ৰহিমৰ ফালে আগবঢ়াই ক'লে-
ল', তাক দিবি।
পাতিলত ভাত বেচি নাই, হ'লেও তহঁত দুটাৰ নিশ্চয় চলি যাব।
শনেই
নিজ হাতেৰে ৰন্ধা-বঢ়া কৰে। ৰহিম আহিবৰে পৰা তাৰ দুখ বহু পাতলিছে। ৰহিমে মাথোন
পানীৰ কলহে স্পৰ্শ কৰিব নোৱাৰে,
সি বাহিৰৰ কাম চম্ভালিলে ভাতমুঠি ৰান্ধিবলৈ আৰু কিমান পৰ লাগে!
পাঠানৰ সন্তান শনেইৰ লগত ভায়েকৰ দৰে থকা দেখি এটা সময়ত গাঁৱৰ মানুহ শনেইৰ আচাৰ
সম্বন্ধে সন্দিহান হৈছিল, নিজৰ
ভিতৰত কণাকণিও কৰিছিল। কিন্তু শনেইৰ নিষ্ঠা, শনেইৰ আচাৰ-ব্যৱহাৰ দেখি সিহঁতে একো ক'বপৰা নাই। সিহঁতে জানিছে, শনেই বহুমূল্যৰ বিনিময়ত জাতি, ধৰ্মলৈ ঘূৰি আহিছে,
সি কেতিয়াও অধর্ম কাম কৰিব নোৱাৰে।
শনেই
নিষ্ঠা সহকাৰে চলে। ৰহিম কাষত থাকিও আঁতৰত থাকে। সি জানে, সকলোৰে ধৰ্ম সমান। যাৰ যেনেকৈ ভাল লাগে
সি সেইমতেই নিজৰ খুচি অনুসৰি চলক। পৰস্পৰক সহ্য কৰি নচলিলে, পৃথিবী বৰ্তি থাকিব কেনেকৈ ? ঘৰ এখন যি পৃথিবীখনো সেই একেই।
বিষ্ণুপুৰৰ
ৰাম নৱমী যাত্ৰা দহখন গাঁৱৰ ভিতৰত বিখ্যাত। পহৰাজৰ কণ্ঠস্বৰ, বাদকসকলৰ মৃদংগ বাদন,
নটুৱাসকলৰ নৃত্য, সুত্ৰধাৰৰ
সুত্ৰৰ কৃতিত্ত্বত দহখন গাঁৱৰ মানুহ মুগ্ধ হৈ যায়। চিন্তেই চুই নিজেও এই
অনুষ্ঠানত যথেষ্ট টকা কৰচ কৰে। নতুন নতুন সাজ-পোচাক, মুখা, পাগুৰি
মাৰি ভৱৰীয়াসকল যেতিয়া দৰ্শকৰ মাজলৈ ওলাই আহে দৰ্শকসকলৰ চকু তেতিয়া স্থিৰ হৈ ৰৈ
যায়। ৰাৱণৰ মূৰ তালগছৰ আধা ওখ। মানুহবিলাকে চাই বৰ আমোদ পায়।
দূৰ-দূৰণিৰ
গাঁৱৰপৰা মুনিহ-তিৰোতা সন্ধিয়াৰ লগে লগে ওলাই আহে। ৰাতি দ্বিপ্ৰহৰৰপৰা যাত্ৰা
আৰম্ভ হয় আৰু শেষ হয় দোকমোকালি । যাত্ৰা শেষ হোৱাৰ লগে লগে আটায়ে নিজৰ নিজৰ ঘৰ, গাঁৱলৈ উভতি যায় আৰু বেলি উঠাৰ লগে
লগে গৈ ঘৰ পায়হি।
শনেই
প্রত্যেক ৰাতি আখড়ালৈ যায়, পোচাক
ও মুখা পিন্ধি হনুমানৰ ভাওলৈ নাচে,
সংলাপ গায়, জাঁপ
মাৰি গছৰ ওপৰত উঠি ডাঙৰ ডাঙৰ ডাল ভাঙে । তাৰ অভিনয় চাই মানুহবোৰ মুগ্ধ হয়।
মানুহবোৰৰ লগতে চিন্তেই চুই স্বয়ং প্ৰশংসা কৰি কয়- শনেই নাথাকিলে যাত্রাই
নজমিলহেঁতেন। প্ৰশংসা শুনি শনেইৰ ভাল লাগে। শ শ গাঁৱলীয়াৰ লগতে নিজকো এজন মানুহ বুলি গণ
কৰে, সকলো দুখ পাহৰি
যায়, কিন্তু ঘৰলৈ
উভতিলে ঘৰখন তাৰ মনত মিছা যেন অনুমান হয়। সি যেন জনহীন অৰণ্যৰ মাজতহে বহি আছে।
ধানখেৰৰ দ'মবোৰ
পৰ্বতৰ দৰে অনুমান হয়। তাৰ যত্ন আলপৈচান পাই যি গাই, বলধ, গছ-লতা বাঢ়ি আহিছে সকলো অচিনাকি যেন লাগে।
শনেইৰ
হৃদয় গুমৰি কান্দি উঠে। উৰুঙা উৰুঙা লাগে, মনত জাগি উঠে আশা,
জীয়াই থকাৰ আকাংক্ষা। সি অনুমান কৰে, সকলো যেন হেৰাই যাবলৈ ধৰিছে, তাৰ জীৱনটো ৰসহীন হৈ উঠিছে। কাৰ বাবে সি ঘৰ সাজিছে ? কাৰ বাবে সি হাড়ভঙা পৰিশ্ৰম কৰিছে? মৰি গ'লে কোনে ভোগ কৰিব এইবোৰ?
সি
দূৰ্গাপুৰলৈ যাব। ধোবীক সি এইবোৰ কথা সুধি আহিব। তাই দিয়া ধন-সম্পত্তি শনেই পৰিশ্ৰম
কৰি বঢ়াইছে, দেহৰ
তেজ ঢালি জীয়াই ৰাখিছে। সকলো তাইৰ বাবেই। সি যাব, নিশ্চয়
যাব। মনত এইবোৰ কথা ভাবিলেও লোকলজ্জাই তাক যাবলৈ বাধা দিয়ে।
তাৰ
এই উদাস ভাব দেখি ৰহিমে সোধে- মন মাৰি বহি আছা কিয়, ককাইদেউ?
শনেই
মাথোন হাঁহে, উত্তৰ
নিদিয়ে।
ৰহিমে
কয়- ককাইদেউ, তই
বিয়া কৰ, চোৱাচোন
কাম কিমান বাঢ়ি গৈছে। নবৌ আহিলে ঘৰৰ কাম চম্ভালিব, ভাত মুঠি ৰান্ধি-বাঢ়ি খাবলৈ দিব। এই চাবিকোঁচা ৰাখিব। কামলৈ বুলি ওলাই গ'লে ঘৰৰ বাবে মন উচুপিচাই নাথাকিব। মই
আৰু চাবি ৰাখিব নোৱাৰিম। কাম কৰাৰ সময়ত ক'ৰবাত খহি পৰি যাব পাৰে।
বেলি
উঠে।
শনেই
ৰহিমৰ সুন্দৰ মুখৰ ফালে চাই থাকে। এৰা, এই সংসাৰৰ মানুহে যি কথা কৈছে, ৰহিমেও সেই একে কথাকে কৈছে। আটায়ে ভাবিছে, ঘৰখনলৈ কোনোবা তিৰোতা মানুহ আহিলেই
সকলো ঠিক হৈ যাব।
শনেই
মৰম আকলুৱা চকুৰে ৰহিমৰ ফালে চাই ক'লে-
তোৰ খোৱা-লোৱাত কষ্ট হৈছে নেকি,
ৰহিম ? বাৰু, তোৰ কাৰণে ছোৱালী এজনী চামহি। তই বিয়া-বাৰু
কৰ। বিয়া কৰাবি নেকি?
ৰহিমে
লাজে লাজে ক'লে-
মই মোৰ কথা কৈছোঁ নেকি ? তুমি
যদি বিয়া নকৰোৱা আৰু কিমান দিন নিজ হাতে ৰান্ধি-বাঢ়ি খাবা ?
শনেই
ক'লে- তেনেহ'লে এজনী বনকৰা তিৰোতাৰ ব্যৱস্থা কৰ, তায়ে আমাক ৰান্ধি-বাঢ়ি খোৱাব পাৰিব।
ৰহিমে
কোনো ধৰণৰ উত্তৰ নিদিলে।
পৰি
দলেই মাতি মাতি সোমাই আহিল- হেৰা শনেই, আছানে ?
শনেই
ঘৰৰ ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিল।
কি
হ’ল, খুড়া ?
পহৰাজে
খবৰ পঠালে, আজি
বোলে সোনকালে যাত্ৰা আৰম্ভ হ'ব।
আজি লক্ষ্মণৰ শক্তিশেল ভেদ। লক্ষ্মণৰ মূৰ্চ্ছা ভংগ নহ'লে যাত্রা শেষ কৰিব নোৱাৰি। সেয়ে বেলি
থাকোঁতেই সাজ-সজ্জা কৰি সন্ধিয়া হোৱাৰ লগে লগে যাত্ৰা আৰম্ভ কৰিব লাগিব। আজি চিন্তেই চুইয়ে সিধা দিব। গাঁৱৰ মানুহে ভোজ-ভাত খাব। ৰাতি
আধাত খোৱা-বোৱা হ'ব৷হৰি
ধ্বনি হ'ব। নিধেই চুই
মন্দিৰৰ চামিয়ানাৰ তলত বহি আছে। তোক মাতিছে। গাঁৱৰ মানুহে সাধ্যানুসাৰে ভোজৰ বাবে
চান্দা দিব। পৰি দলেইৰ কথা শেষ হোৱাৰ লগে লগে গাঁৱত হাত চাপৰিৰ শব্দ শুনা গ'ল। সাগৰৰ ঢৌৰ দৰে ইটোৰ পাছত সিটো হাত
চাপৰি। অৰ্থাৎ গাঁৱৰ মানুহক মাতা হৈছে। সভা বহিব।
সিদিনা আছিল সাবিত্রী অমাৱস্যাৰ নিশা।
সিদিনাও
মধুৱাৰ ঘৰলৈ ওভতোতে পলম হৈছিল। সি ঘৰলৈ আহি কৈফিয়তৰ সুৰত ক'লে- সোনকালে আহিম বুলি ভাবিছিলো, কিন্তু কামৰ হেঁচাত পলম হৈ গ'ল।
মধুৱাৰ
কথা শুনি পুণি অভিমান মিহলি কণ্ঠত ক'লে- সোনকালে আহিবা বুলি কৈ গৈছিলা, কিনো এনে কাম আছিল যে ইমান পলম হ'ল ? ল'ৰাটোক কোলাতলৈয়ে গোহালি চাফা কৰিলোঁ।
বলধটো পথাৰৰপৰা আহিল, তাক বান্ধিলোঁ। তুমি দিনে দিনে ঘৰৰ কামলৈ পিঠি দিবলৈ ধৰিছা। মইনো আৰু
কিমান কৰিম ?
পুণিৰ
চকু চলচলীয়া হ'ল।
মধুৱা
আচৰিত হৈ পুণিৰ মুখলৈ চালে। কাম কৰিব নোৱাৰোঁ, এই কথা সি পুণিৰ মুখত নতুনকৈ শুনিলে।
কাম কৰিব নোৱাৰে বুলি পুণিৰ চকুত প্রথম চকুপানী দেখিলে। সুধিলে- তেনেহ'লে তই মোক কি কৰিবলৈ কোৱা ?
পুণিয়ে
সুধিলে- যি কৰিবলৈ ক’ম, সেয়া
তুমি কৰিবা ?
এৰা, কৰিম, ক'চোন আগতে।
তুমি
ঘৰৰ কাম কৰিলেই আমাৰ চলি যাব। পৰৰ ঘৰত আৰু কাম কৰিব নালাগে। পৰৰ কাম কৰিবলৈ
এৰি দিয়া।
এইদৰে
কৈয়ে পুণি তলমূৰ কৰিলে। এক অজান ভয়ত তাইৰ বুকু কঁপি উঠিল। তাইৰ ধাৰণা হ'ল, সঁচাকৈয়ে তাই নির্বোধ কথা কেইফাকিৰে
তাইৰ বুকুৰ মাজত লুকাই থকা বিষ উগাৰি দিছে আৰু সেই বিষৰ জ্বালাত তাই নিজেই
জ্বলি-পুৰি মৰিছে। মধুৱাৰ মুখলৈ চাবলৈ তাইৰ সাহস নহ'ল। তাই মাটিত পৰি থকা শাৰীখন বুটলি লৈ
লাহে লাহে আলনাৰ ওচৰলৈ গ'ল।
মধুৱাই
তাইৰ আচৰণ, কথাৰ
অৰ্থ বুজিব নোৱাৰিলে। সি নিঃসহায়ভাবে বাহিৰৰ এন্ধাৰৰ ফালে চাই পঠিয়ালে। যেন সি
পুণিৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে।
হোঁ
হোঁৱাই এজাক চেঁচা বতাহ বৈ আহিল। লগে লগে সৰু সৰুকৈ বতৰৰ পাত সৰি পৰিল।
x x x
বতৰৰ পাত সৰি পৰিল ।
ধোবীৰ
মাকে চকুৰপৰা নিগৰি অহা লোতকৰ ধাৰা দুৰ্বল হাতেৰে মচি বাহিৰৰ ফালে চাই পঠিয়ালে।
কি কৰিলে তাই নিষ্ঠুৰ স্বামীৰ মন সলনি কৰিব পাৰিব? যোৱা কথা ধৰি থাকি শনেইৰ ওপৰত ৰাগ-খং
কৰাটো তেওঁৰ ঠিক হোৱা নাই। তাৰ দেউতাক বনেই পড়িৰাই যদি অপমান
কৰিছিল, তাৰ
বাবে শনেইক দায়ী কৰা উচিত হোৱা নাই। বনেই পড়িৰা মৰি গৈছে। সি মৰাৰ লগে লগে
চিন্তেই চুইঁৰ মনৰ খং মাৰ যোৱা উচিত আছিল ।
চিন্তেই
চুই এক কথাৰ মানুহ ৷ যি বুজে তাকে কৰে। কত ভাগৱত কথা শুনালে,পুৰাণ কথা শুনালে; কিন্তু তেওঁৰ মন নুঘূৰিল। আজি সাবিত্ৰী
অমাৱস্যা। তাইৰ কপালত সেন্দুৰ। ঘৰ-দুৱাৰ নথকা তিৰোতাবোৰেও আজি উপবাসে থাকে, ব্রত পূজা কৰি সাবিত্ৰীৰ জীৱন কাহিনী
শুনি স্বামীৰ দীর্ঘ জীৱন কামনা কৰে। অন্যান্য বছৰ যেনেকৈ তাই নিষ্ঠাৰে ব্ৰত পালন
কৰিছে, এইবাৰো
তেনেকৈ পালন কৰিছে। আনহাতে তাইৰ পেটৰ নাড়ীকটা জীয়েকজনীয়ে ল'ৰালি বয়সত সেন্দুৰ মচি কান্দি কান্দি
দিন পাৰ কৰিছে?
ধোবীৰ
চকুত তাই চকুপানী প্ৰত্যক্ষ কৰিছে। তাই ধোবীৰ মনৰ দুখ উপলব্ধি কৰিব পাৰে। ল'ৰালি দিনৰপৰা ধোবীয়ে শনেইক ভাল পায়, এই কথা তাই নজনা নহয়। বিধবা হৈ
মাক-দেউতাকৰ ঘৰলৈ অহাৰ পাছতো মাক-দেউতাকৰ প্ৰতি ধোবীৰ শ্ৰদ্ধাৰ ভাব কমা নাই। ধোবীৰ
প্ৰতি শনেইৰ ভালপোৱাৰ কথা তাই নিধেইৰ মুখত শুনিছে। টিমিও তাইক এই
বিষয়ে বহু ঘটনাৰ কথা কৈছে। এই বিষয়ে তাই ধোবীক সুধিছে, কিন্তু ধোবীয়ে কোনো উত্তৰ দিয়া নাই, তলমূৰ কৰিছে। শনেইৰ প্ৰতি থকা গভীৰ
ভালপোৱাই তাইক শনেইৰপৰা আঁতৰাই ৰাখিছে। যাৰ ফলত তাই মাক-দেউতাকৰ ঘৰলৈ আহিবলৈ বিচৰা নাই।
ধোবীৰ
মাকে তাইৰ স্বামী আৰু দেওৰেকক সকলো কথা বুজাই ক'লে। নিধেইৰ কথাত শাক নিসিজে। চিন্তেই চুইঁক
পটাব পাৰিলেহে কার্যোদ্ধাৰ কৰিব পৰা যাব। কিন্তু....
কাপোৰৰ
আঁচলেৰে চকুপানী মচি ধোবীৰ মাকে কাকুতি-মিনতি কৰি ক'লে- আজি তোমালোকৰ মুখৰপৰা মই স্পষ্ট
উত্তৰ শুনিব বিচাৰোঁ। ধোবীৰ সম্বন্ধ শনেইৰ লগত স্থিৰ কৰা। সিহঁতৰ জীৱন
এইদৰে জ্বলি-পুৰি
ছাৰখাৰ হ'বলৈ
নিদিবা। শহুৰেকহঁতৰ ঘৰৰ সম্পত্তি ধোবীয়ে কিয় নষ্ট কৰিছে, এইবোৰ কথা এবাৰো ভাবি চাইছানে? মাথোন ওপৰে ওপৰে ভাবিলেই নহ'ব। ৰাম ওঁজাৰ জীয়েক টিমিৰ কথা চিন্তা
কৰা। চন্দ্ৰাৰ লগত তাই কিয় পলাই গ'ল, বাম ওঁজা আৰু বিশি জেনাই তোমালোকৰ
সন্মুখতে কালি এই বিষয়ে মানুহক কৈ গ'ল।
অৱশ্যে
ধোবীৰ মাকে মিছা কথা কোৱা নাই। সঁচাকৈয়ে গাঁওসভা, মন্দিৰৰ সভাত চিন্তেই নিজেই বাম ওঁজাক
কাবৌ কৰি কৈছিল- ঘিউ আৰু যুৱতী জীয়ৰী একেই বস্তু। জোৱায়েকৰ মৃত্যুৰ খবৰ নাপালেও
পলাশৰ পাত দাহ কৰি জীয়েকক বেলেগ পাত্ৰত বিয়া দি নিদিয়া কিয় ? চিন্তেই চুইৰ কথাত বাম ওঁজাই গুৰুত্ব
নিদিলে। তাৰ ফল সি হাতে হাতে পালে। তাৰ জীয়েক টিমি সিদিনা গাঁৱৰে যুৱক এজনৰ লগত
পলাই গ’ল৷
বাম
ওঁজাই তাৰ ভুলৰ বাবে প্ৰায়শ্চিত্ত কৰিলে, মন্দিৰলৈ জৰিমনা আগবঢ়ালে।
ল'ৰাৰ বাপেক বিশি জেনাই কাবৌ-কাকুতি
কৰাতহে পঞ্চগব্য নহ'ল— জৰিমনাও
নিদিলে। এই খবৰ গাঁৱৰ আটায়ে জানে। ধোবীৰ মাকেও শুনিছিল কথাটো। সেই দিনাৰপৰাই তাই
ধোবীৰ বিষয়ে আকাশ-পাতাল ভাবি আছে।
তথাপি
চিন্তেই চুই সেও নামানিলে। ঘৈণীয়েকৰ কথা শুনি তেওঁ গৰ্জি উঠিল- কাৰ লগত কাৰ তুমি
তুলনা কৰিছা ? বাম
ওঁজাৰ জীয়েক টিমি আৰু মোৰ জীয়েক ধোবী! শহুৰেকহঁতৰ সম্পত্তি নষ্ট কৰিছে বুলি মই
বংশৰ মুখত চূণ-কালি সানি বিধবা বিয়া দিম, এয়া কেতিয়াও হ'ব নোৱাৰে । জাতত উঠিল
বুলিয়ে যে শনেই পবিত্ৰ হৈছে, এই কথা কেতিয়াও হ'ব নোৱাৰে। পাঠানৰ ল'ৰা এটাক লগত ৰাখিছে, তাৰ হাতত যে খোৱা-বোৱা কৰা নাই তাৰ কি প্রমাণ আছে? ডুব দি পানী খালেও এদিন সি নিশ্চয় ধৰা
পৰিব। ধোবীক তাৰ হাতত গতালে বাহিৰত মূৰ তুলি বাট বুলিম কেনেকৈ ?
চিন্তেই
চুইয়ে নিধেইৰ ফালে কঠিন দৃষ্টিৰে চাই ক'লে- দেওৰ-বৌৱেকে পৰামৰ্শ কৰি মোৰ উন্নত
মূৰ নত কৰিব খুজিছা ? কে'লেই, ধোবী দেখোন আনন্দ মনেৰেই আছে। বিধেইক তাই তোলনীয়া পো নকৰিলেও কাষতে
ৰাখিছে। মোৰ অবাধ্য হৈ সকলো সম্পত্তি যাক ইচ্ছা তাকে দি ধার্মিক বুলি পৰিচয় দিছে।
মই তাইৰ কোনো কামতে বাধা দিয়া নাই। বিধেই আমাৰ ল'ৰা, আমাৰ সম্পত্তিৰ ওপৰতে তাৰ অধিকাৰ। তাৰ
কোন বিষয়ে অভাৱ হ'ব? ধোবীৰ
সকলো সম্পত্তি হেৰালে তাই পুনৰ উভতি আহিব। আমিতো নাথাকিব, কিন্তু চাবা, ধোবী পুনৰ বিধেইৰ হাতৰ তলতে থাকিব
লাগিব। তাইৰ যি মন যায়, কৰিবলৈ দিয়াচোন।
ধোবীৰ
মাকৰ চকুত জুই জ্বলিল। তাই উচ্চকণ্ঠত ক'লে- অৰ্দ্ধেক সম্পত্তিৰ মালিক, ধোবী। মই জীয়াই থাকোঁতে বিধেইক........
চিন্তেই
চুই তাইৰ কথা শেষ হ'বলৈ সুযোগ নিদিয়কৈয়ে ঠাট্টাৰ সুৰত ক'লে- তুমি জীয়াই থাকোঁতেই বিধেইক মই
নিজে তোলনীয়া পো ল'ম। ধোবী পৰৰ ঘৰলৈ যোৱাৰেপৰা চুই ঘৰৰ সম্পত্তিৰ ওপৰত তাইৰ কোনো অধিকাৰ
নাই।
ধোবীৰ
মাকে ক'লে-
এয়া মই কেতিয়াও হ'বলৈ নিদিও।
হাঁহি
মাৰি চুইয়ে ক'লে-
কোন তুমি মোৰ কামত বাধা দিবলৈ? মোৰ কথাত বাধা দিবলৈ তোমাৰ সাহস আছে ? সম্পত্তি মোৰ। মোৰ সকলো সম্পত্তি মই
বিধেইৰ নামত লেখি দি যাম।
চকুপানী
মচি ধোবীৰ মাকে ক'লে- তুমি সম্পত্তি কৰিছা, সেই সম্পত্তি তুমি মুচি-মেতৰ যাকে
দিয়া মই একো ক'বলৈ
নাযাও। ধোবী মোৰ পেটৰ পোৱালি, তাইক মই শনেইৰ হাতত গতাই দিম। তুমি তোমাৰ অহংকাৰ লৈ থাকা। মজদুৰ, মূৰ্খ, অন্নসত্ৰত খাওঁতাৰ হাতত ধৰি ধোবী
সুখেৰেই থাকিব। এয়া নকৰালৈকে মই ঘৰৰ পানীটোপাও স্পৰ্শ নকৰোঁ।
ঠাট্টাৰ
সুৰত চিন্তেই চুইয়ে ক'লে- ইমান ডাঙৰ প্ৰতিজ্ঞা কৰিছা, ধোবীক অন্নসত্ৰত খাওঁতাৰ হাতত গতাই মোৰ
উন্নত শিৰ নত কৰি তোমালোকে চুই বংশৰ মুখত কালি সানিবা ? নাই নাই, তেনেকুৱা বলিয়ালি নকৰিবা। ফুঁ মাৰি
তোমালোকৰ শনেইক পুনৰ গাঁৱৰপৰা উৰুৱাই দিম; দুখীয়াটোৱে কিমান কষ্টেৰে ঘৰটো সাজিছে, মাটি দুবিঘা কৰি পেট পুহি আছে, জানি-শুনি তাৰ এই অনিষ্ট নকৰিবা। যদি
তোমাৰ ইচ্ছা গৈছে, তুমি উপবাস কৰা, ব্ৰত পালন কৰা, যি ইচ্ছা তাকে কৰা, নিধেইৰ ওচৰত মনৰ কথা ব্যক্ত কৰা, কিন্তু এই কথা যদি বাহিৰলৈ যায়, লোকে ঠাট্টা কৰি যদি মোৰ ঘৰৰ বিষয়ে
এফাকি কথাও কয়, যাৰ
ভাল কৰিবলৈ উঠি-পৰি লাগিছা, সিহঁতৰ গলত তোমালোকে ছুৰী দিবা মই কৈ দিছোঁ।
এইদৰে
কৈ চিন্তেই চুই খঙত গোঁজৰি গুমৰি ঘৰৰ ভিতৰৰ পৰা বাৰাণ্ডালৈ ওলাই আহিল। ঘৰ অন্ধকাৰ।
বাহিৰত বিজুলি চমকি উঠিল। সন্ধ্যা প্ৰহৰৰ নীৰৱতা ভাঙি গৰজি উঠিল ঢেৰেকেনি।
x x x
সিদিনা
সন্ধিয়াও পৃথিবীখন এনেকৈ এন্ধাৰে আৱৰি ধৰিছিল। এনেকুৱা বৰষুণ, এনেকুৱা বিজুলি ঢেৰেকনি। সতীৰ কোলাত
স্বামীৰ মৃতদেহ। স্ত্ৰীৰ সান্নিধ্যৰপৰা সত্যবানৰ
আত্মালৈ গুচি যাবলৈ যমৰাজৰ সাহস নহ'ল। সতী সাবিত্ৰীৰ ওচৰত যমৰাজ হাৰি গ'ল। সত্যবানৰ আত্মাক ওভতাই দিলে।
সিদিনাও
আছিল এনেকুৱা এন্ধাৰ ৰাতি বৰষুণ, বিজুলি।
ধোবীয়্
ৰাধা-মাধৱৰ বেদীত মূৰ স্থাপন কৰি চকুপানী নিগৰালে । মনে মনে
প্রার্থনা জনালে- প্রভুহে, স্ত্ৰী-কুলত জন্ম দি এইদৰে অৱহেলা, লাঞ্ছনা- গঞ্জনা দিলা কিয়, মই কি অপৰাধ কৰিছোঁ?
কোন
তাইৰ সত্যবান ? যাক
ল'ৰালিৰপৰা
ভাল পায়, যাৰ
দুখত চকুৰপৰা লোতক বাগৰে, সেই শনেই পড়িৰা, নে যাৰ হাতত ধৰি ব্ৰাহ্মণৰ মন্ত্ৰৰ সন্মান ৰাখিবলৈ, জাতি ও সমাজৰ নিয়ম পালন কৰিবলৈ, পৃথিবীৰ মানুহৰ আগত স্বামী বুলি
স্বীকাৰ কৰিবলৈ নীৰৱে মন বিদ্ৰোহী হৈ উঠিছিল, যাৰ ঘৰলৈ আহি সংসাৰ কৰিছিল, যাৰ ওচৰত তাইৰ তৰল নৱযৌৱনৰ পণ্য সম্ভাৰ
বিনা আপত্তিত হাঁহি হাঁহি বিলাই দিছিল, সেই নিধেই নায়েক ?
কোন
তাইৰ সত্যবান ?
যিয়ে
গাঁৱৰ শ্মশানত জাহ যাবলৈ মৃত্যুৰ লগত যুঁজি যুঁজি গাঁৱলৈ উভতি আহিছে, যাৰ মুখত আহাৰ দি তাই দেহত প্ৰাণ
সঞ্চাৰ কৰিছে, বুকুত
আশা বান্ধি সংসাৰত থিয় হ'বলৈ যাক প্ৰেৰণা দিছে সেই শনেই পড়িৰা ? নে যিয়ে বিবাহিতা পত্নীৰ মন ৰাখিবলৈ
দীন-দৰিদ্ৰৰ সেৱা কৰি হাঁহি হাঁহি জীৱন বিসর্জন দিছে সেই নিতেই নায়েক ?
কোন
তাইৰ সত্যবান ?
ধোবী
এই প্ৰশ্নৰ উত্তৰ নাজানে। দেহ ডাঙৰ, নে মন ডাঙৰ ? তথাপি ধোবী সধবাৰ দৰে সাবিত্ৰী ব্ৰত পালন
কৰিলে, ওৰেটো
দিন উপবাসে থাকিল। ঘৰৰ বনকৰা তিৰোতাবোৰে পৰস্পৰৰ মুখলৈ চাইছে, কোনোবাই আকৌ মুখ ঢাকি চকুৰ ঠাৰেৰে কৈছে, স্বৰ্গৰ কোনো ঠিকনা নাই, ডাঙৰ মানুহৰ কৰ্মৰো কোনো উত্তৰ নাই।
আঁউজাই
থোৱা দুৱাৰৰ ফাঁকেৰে বতাহ এছাটি সোমাই অহাত ৰাধা-মাধৱৰ সন্মুখত জ্বলাই থোৱা
প্ৰদীপৰ আলোক শিখা কঁপিবলৈ ধৰিলে। মাটিৰ ওপৰত লুটি খাই পৰি ধোবী মূৰ তুলি নিৰ্জীৱ
পিতলৰ বিগ্ৰহটোৰ ফালে চাই থাকিল। হাতযোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে- কোৱা প্ৰভু, মোৰ দোষৰ ক্ষমা আছে নেকি ? শিৱ চতুৰ্দশীৰ ৰাতি শনেই ককাইৰ ভৰিৰ
তলত পৰি যিবোৰ কথা কৈছিলো, সকলো তুমি জানা । মোৰ মনৰ গোপন ভাবনাও তোমাৰ ওচৰত অব্যক্ত নহয়, প্রভু।
ধোবীয়ে
নিজৰ দুহাত মূৰত স্পৰ্শ কৰিলে। তাইৰ চকুৰ আগত শনেইৰ মূৰ্ত্তি উদ্ভাসিত হৈ উঠিল। সি
যেন ব্যথা ভৰা সুৰত কৈছে- তই উভতি অহালৈ বাট চাই থাকিম, ধোবী। ধোবী যেন উত্তৰ
দিছে- তোমাৰ দুই
ভৰিত মূৰ লগাই মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম, ককাইদেউ।
চমকি
উঠিল ধোবী। নাই নাই, অসম্ভৱ! হে ভগবান! এয়া কেতিয়াও হ'ব নোৱাৰে।
ধোবীৰ
আত্মাৰ আৰ্তনাদ তাইৰ মনত বাজি উঠিল- তোৰ আনন্দৰ কাৰণে, তোৰ মন ৰাখিবলৈ যিজনে জীৱন দিলে, যিজনে তেওঁৰ মাক-দেউতাকক বলি দিলে, যিজনে সকলো পার্থিৱ বস্তু তোৰ ভৰিৰ তলত
সমৰ্পণ কৰিলে, তেওঁযে
অপেক্ষা কৰি আছে!
ধোবীৰ
দেহ কঁপি উঠিল।
তাই
মাটিত মূৰ স্থাপন কৰি প্ৰাৰ্থনা কৰিলে- মোৰ মনত বল দিয়া, ভগবান।
বনকৰা
তিৰোতা এজনী দুৱাৰ ঠেলি ঘৰৰ ভিতৰলৈ সোমাই আহি মাতিলে- আইদেউ!
ধোবী
উঠি বহিল। অশ্রুসিক্ত নয়নেৰে দুৱাৰৰ ফালে চাই সুধিলে- কি হ'ল, বিধেই উঠিল নেকি ?
নাই নাই, সি শুই আছে। বল্লী তাৰ কাষত আছে। কথা হ'ল, তোমালোকৰ গাঁৱৰ পৰা এজন মানুহ বৰষুণত
তিতি-বুৰি আহি বাহিৰত থিয় হৈ আছে। তোমাৰ লগত দেখা কৰিব খুজিছে। অহাৰ কাৰণ সুধিলো, জুয়ে পোৰাই একোকে নক’লে।
ধোবী
উঠি থিয় হ'ল।
চকুলো মচি ক'লে-
দেউতাই পঠিয়াইছে নেকি? নুসোধ কিয়, সকলোৰে দেহ গা ভালে আছেতো ?
নাই
নাই, এই
বিষয়ে একোকে সোধা নাই। সি উদাসভাবে আহি বাহিৰত থিয় হৈ আছে। তোমাৰ নাম ধৰি ক'লে, খন্তেকৰ বাবে মাতি দে। চাকৰ-বাকৰে
তোমাৰ নাম ধৰি মাতিলেহেঁতেন নে ? দেউতাক, খুৰাকো নহয়, বেলেগ মানুহ হ'ব।
ধোবীৰ
বুকুত যেন জুই জ্বলিল। মূৰ ঘূৰি গ'ল। শনেই ককাইয়ে হ'ব হয়তো। শনেই ককাইৰ
বাহিৰে কোনেও তাইক কেতিয়াও নাম ধৰি নামাতে। কিন্তু সাবিত্ৰী অমাৱস্যাৰ
দুৰ্যোগপূর্ণ নিশা বৰষুণত তিতি সিয়ে বা এই অদিনত আহিব কিয় ?
বনকৰা
তিৰোতাজনীক লেমলৈ তাইৰ পিছে পিছে আহিবলৈ কৈ ধোবী বলিয়াৰ দৰে বাহিৰলৈ ওলাই আহিল।
বিজুলি
চমকি উঠিল। ধোবীয়ে দেখিলে, পানীপোতাৰ তলত কোনোবা এজন থিয় দি আছে। আগন্তুকক চিনিব পাৰিলে যদিও
কম্পিত কণ্ঠৰপৰা অনাৱশ্যকভাবে প্রশ্ন ওলাই আহিল- কোন?
শনেই
উত্তৰ দিব নোৱাৰিলে। বনকৰা তিৰোতাজনী লেমলৈ বাহিৰলৈ ওলাই আহিল। ধোবীয়ে দেখিলে, তাইৰে শনেই ককাই উদাসভাবে তাইৰ আগত
থিয় দি আছে। মূৰৰ দীঘল দীঘল চুলিৰপৰা পানী নিগৰি পৰিছে। পিন্ধি থকা কাপোৰত বোকাৰ
ছিটিকনি লাগি লেতেৰা হৈ গৈছে।
মুহূৰ্তৰ
কাৰণে ধোবী শনেইৰ ক্লান্ত মুখমণ্ডললৈ চালে। যিবোৰ কথাই তাইৰ মনৰ মাজত তোলপাৰ
লগাইছিল, সেয়া
যেন বাস্তৱ হৈ তাইৰ চকুৰ আগত থিয় দি আছে। এয়া অপেক্ষা কৰাৰ সময় নহয়, তিৰোতাজনীয়ে বা আকৌ কি ভাবে!
অস্থিৰভাবে
শনেইৰ কাষলৈ আহি কম্পিত কণ্ঠক দৃঢ় কৰি ধোবী অনুযোগৰ সুৰত ক'লে- এয়া কি শনেই ককাই, বাহিৰত এইদৰে উদাসভাবে থিয় দি আছা
কিয় ? এয়া
জানো তোমাৰ ঘৰ নহয় ? আহা, ভিতৰলৈ সোমাই আহা।
শনেই
যন্ত্ৰচালিতৰ দৰে ধোবীৰ পিছে পিছে ঘৰৰ ভিতৰলৈ সোমাই আহিল। তিৰোতাজনী লেমলৈ আগে আগে
গ'ল।
উভয়ে উভয়ক বহু কথা সুধিবলৈ ব্যাকুল হৈ পৰিল যদিও কাৰো মুখৰপৰা এষাৰ মাতো নোলাল ।
x x x
মাজনিশা। চৌদিশে নিস্তব্ধ।
বৰষুণ এৰিলেও আকাশ মেঘাচ্ছন্ন। বতাহ বন্ধ হোৱা নাই। শনেইৰ চকুত টোপনি নাই। ধোবীৰ
সেৱা-যত্নত সি নিজকে
পাহৰি গৈছে। দুপৰ নিশা নিজ হাতেৰে তাই তাক খুৱাইছে। চলচলীয়া চকুত “আৰু খোৱা, আৰু খোৱা” বুলি জেদ কৰিছে। শনেইৰ তেতিয়া
সঁচাকৈয়ে কোনোবা মায়াপুৰীৰ স্বপ্নৰাজ্যত হেৰাই যোৱা যেন অনুমান হৈছিল।
ভাবিছিল, ধোবীয়ে তাক ইমান ভালপায়! তাই তাক জীৱন
দিছে, ধন-সম্পত্তি
দিছে, হৃদয়ভৰা
প্ৰেম দিছে; কিন্তু
ধোবী অবিহনে এইবোৰেদি কি হ'ব? জাতিভেদ
সি নামানে। সর্বগ্রাসী দুর্ভিক্ষই তাক শিকাইছে, ধর্ম এক ফোঁপোলা নাম, জাতি মাথোন প্রহেলিকা, লোক ভুলোৱা মায়া; জাতিভেদৰ ডোঁৰেৰে নিজক বান্ধিলৈ সি
হনুমানৰ ভাও লৈ নাচি আছে। ধৰ্মৰ ওপৰত, মন্দিৰৰ ভিতৰত থকা মানুহে গঢ়া প্ৰস্তৰ
মূৰ্ত্তিৰ ওপৰত তাৰ বিশ্বাস নাথাকিলেও সি পাল-পাৰ্বণত চান্দা দিছে, সকলোৰে লগত মিলি প্ৰস্তৰ মূৰ্ত্তিৰ আগত
মূৰ দোঁৱাইছে।
এইবোৰ
কৃত্ৰিমতা কিয়?
মাথোন
ধোবীক পাবলৈয়ে নে? কিমান দিন আৰু সি অপেক্ষা কৰি থাকিব? অকলশৰীয়া জীৱন তাৰ কাৰণে দুঃসহ হৈ
উঠিছে; কিন্তু
নায়েক বংশৰ বোৱাৰী ধোবীয়ে ইমান ধন-সম্পত্তিৰ ভোগ-ভাগ্য, প্রতিপত্তি, চাকৰ-বাকৰ এৰি তাৰ পঁজাঘৰ লৈ যাব কিয়? শনেইয়ে কেনেকৈ তাইক নিমন্ত্ৰণ জনাব, মনৰ কথা তাইৰ আগত কেনেকৈ প্ৰকাশ কৰিব ?
শনেইৰ
চকুত টোপনি নাই। ঘৰ আন্ধাৰ। বাহিৰৰ বাৰাণ্ডাত ঢিমিক্-ঢামাক্কৈ লেম এটা জ্বলি আছে। সমগ্র
পৃথিবী টোপনিত অচেতন। একমাত্ৰ উজাগৰে আছে শনেই।
কিহৰ বাবে সি ঝঞ্জা-ধুমুহা আওকাণ কৰি লৰি আহিছে
?
এইদৰে
উজাগৰি জাগি বহু কথা ভাবি ভাবি আশা-দুৰাশাৰ দুমজিয়াত পৰি সি ছট্ফটাবলৈ ধৰিলে।
শনেই
হঠাৎ উঠি বহিল।
ঠিক
তেতিয়াই চোতালৰ সিকাষে আন এটা ঘৰত চকুপানীৰে বিছনা তিঁয়াই ধোবী বিছনাত উঠি বহিল।
ঘৰৰ ভিতৰত লেম জ্বলি আছে। বিধেই তাইৰ কাষত লালকাল দি শুই আছে। খাটৰ এমূৰে
বাহ্যজ্ঞান হেৰুৱাৰ দৰে লালকাল দি শুই আছে বনকৰা তিৰোতা বল্লী।
ধোবী
বিছনাৰপৰা নামিল।
তাই কি
কৰিব ভাবি-চিন্তি স্থিৰ কৰিছে। নিজৰ লগত লুকা-ভাকু খেলি ওৰেটো জীৱন আৰু তাই ছট্ফট্
নকৰে। জগতৰ মানুহে যিয়ে যি কয় কওঁক, সেইবোৰলৈ তাই কেৰেপ নকৰে। ৰাতি পুৱালে
শনেই ককাইক তাই সকলো কথা খুলি ক'ব।
ধোবী
স্থিৰ হৈ বহিব নোৱাৰিলে। কেৰাচিনৰ ধোঁৱাৰে সমগ্ৰ ঘৰ পূৰ্ণ হৈ আছে। উশাহ-নিশাহ
লোৱাত কষ্ট হৈ আছে। তাইৰ মূৰ গৰম হৈ উঠিছে।
ধোবী
দুৱাৰ খুলি কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহিল। চোতালৰ সিকাষৰ বাৰাণ্ডাত কুঁজা হৈ
কোনোবাই লেমৰ পোহৰ বঢ়াই থকা তাই প্রত্যক্ষ কৰিলে।
লেমৰ
পোহৰ তেজ হ'ল ৷
শনেই ককাই! ধোবী চমকি উঠিল। শনেই ককাইৰ টোপনি অহা নাই নেকি! সিও হয়তো সিটো ঘৰত তাইৰ দৰে
অনিদ্ৰাত ছট্ফটাই আছিল।
সেইটো
ঘৰত, য'ত তাই চকুৰ পচাৰৰ দৰে কেইটামান দিন
সুখত, আনন্দত, স্বামীৰ লগত স্বামীৰ কোলাত কটাইছিল। য'ত তাইৰ স্বামীয়ে যন্ত্ৰণাত ছট্ফটাই
শেষনিশ্বাস ত্যাগ কৰিছে। আজি সাবিত্ৰী অমাৱস্যাৰ নিশা সিপুৰীৰপৰা শনেই ককাইৰ ৰূপ
ধৰি তেওঁ উভতি অহা নাইতো!
ধোবীয়ে
নিজক চম্ভালিব নোৱাৰিলে। উত্তেজিত হৈ তাই চোতালৰ মাজেৰে গৈ শনেইৰ কাষ পালেহি। ধোবীক তেনেকৈ অহা
দেখি শনেই নিশ্চল হৈ থিয় দি থাকিল।
প্রথমে শনেই কোঠালিৰ ভিতৰলৈ সোমাই আহি
খাটৰ ওপৰত বহি ক'লে- আজি বৰ গৰম পৰিছে।
শনেইৰ
পিছে পিছে ধোবী কোঠালিৰ ভিতৰলৈ সোমাই আহি খুঁটা এটাৰ লগত আঁউজি থিয় হ'ল। কাৰো মুখৰপৰা মাত নোলাল। উভয়ে যেন উভয়ৰ মনৰ
খবৰ আৰু উদ্দেশ্য উপলব্ধি কৰিব পাৰিলে; কিন্তু কোনেও মুখ খুলি মনৰ কথা ক'ব নোৱাৰিলে। কোনেও কাৰো মুখলৈও চাব
নোৱাৰিলে। ধোবীৰ কথাবোৰ যেন চকুপানী হৈ নিগৰিবলৈ ধৰিলে। তাইৰ সেই কথাৰ
উত্তৰ দিলে শনেইৰ দীৰ্ঘশ্বাসে।
শনেই
মূৰ তুলি ধোবীৰ ফালে চালে। তাইৰ চকুত চকুপানী দেখি সি ব্যাথা ভৰা কণ্ঠত সুধিলে-
কান্দিছা কিয়, ধোবী
?
বান্ধ
ভাঙি নৈৰ পানী যিদৰে কোনো বাধা নামানি উচ্ছৃংখলভাবে বৈ যায়, ঠিক সেইদৰে ধোবীৰ মন গহনত বহু দিনৰপৰা
সঞ্চিত হৈ থকা আবেগ চঞ্চল ধাৰা শনেইৰ এটি মাথোন প্ৰশ্নত বান্ধ ভাঙি ওলাই আহিল-
শনেই ককাই, তোমাৰ
ওচৰত মই অপৰাধ কৰিছোঁ। তুমি মোক ক্ষমা কৰা। মোৰ জ্বলি-পুৰি ছাই হোৱা জীৱনত আৰু
সুখ আনন্দ ঘূৰি নাহে। মই বিধবা। সমাজ, ধৰ্ম, জাতিভেদ, পৃথিবীৰ মানুহৰ ভাল-বেয়া, চৰ্চা-ভয়ে মোৰ চাৰিওফালে বহু তৰপত জাল
বিস্তাৰ কৰিছে। তাৰ ভিতৰত বন্ধী হৈ মই দুখত ছট্ফটাই দিন অতিবাহিত কৰি আছোঁ। সেই
বন্ধন মই ছিন্ন কৰিব নোৱাৰোঁ। ইয়াৰ ভিতৰত ছট্ফটায়ে মই মৰিব লাগিব। কোনেও মোক
উদ্ধাৰ কৰিব নোৱাৰে।
ধোবী
দুহাতেৰে মুখ ঢাকি কান্দিবলৈ ধৰিলে।
শনেই
ক'লে-
তই কান্দিবি কিয় ? এই কথা শুনিবলৈ মই প্ৰস্তুত হৈয়ে আহিছো। তোৰ মুখত শুনিলেই মই
নিশ্চিন্ত হৈ উভতি যাম। মই দুখ নকৰোঁ। মই আজিৰপৰা স্বাধীন হলোঁ, ধোবী। মই আৰু মুখা পিন্ধি, পোচাক পিন্ধি, নেজ লগাই হনুমান সাজি নাচিব নালাগে।
ধোবীয়ে
ধৈর্য ধৰি কান্দোন চেপি তীক্ষ্ণ দৃষ্টিৰে শনেইৰ ফালে চালে। শনেইৰ হাঁহি থকা ওঁঠৰ
উদ্দেশ্য তাই একো উপলব্ধি কৰিব নোৱাৰিলে।
শনেইয়ে
হাতেৰে কপাল মোহাৰি ক'লে- তই মোক জাতিভেদৰ মুখা পিন্ধাইছিলি। কৃত্ৰিম ধৰ্মৰ পোচাক মোৰ দেহত
মেৰিয়াই দিছিলি। হনুমানৰ নেজৰ দৰে ঘৰ-সম্পত্তি তই মোৰ পাছত বান্ধি দিছিলি। হনুমান
হৈ কেইটামান দিন নাচিলোঁ, বুজিলোঁ। আটায়ে এইদৰে মুখা পিন্ধি নাচিছেনে ? সকলোৰে উদ্দেশ্য আছে ডাঙৰ হোৱাৰ, স্বার্থ আছে সন্মানিত হোৱাৰ। মোৰ
স্বাৰ্থ আছিলি তই। সেই স্বার্থ আজি তোৰ চকুপানীয়ে সফল কৰিলে। যি কৃত্রিমতাৰ মাজত
মই কক্কাই আছিলোঁ, এতিয়া তাৰপৰা মই উঠি আহিব পাৰিম। স্বাধীন মানুহ হৈ জগতৰ মানুহৰ আগত
থিয় হ'ব
পাৰিম।
কথা
শেষ কৰি শনেই তলমূৰ কৰিলে। ভাবিলে, এতিয়া ইয়াত মুহূৰ্তৰ বাবেও ৰৈ থকা
উচিত নহ'ব।
ৰাতি পুৱালে মানুহে জানিব, অপৰিচিত শনেই পড়িৰা ৰাতি ধোবীৰ ঘৰত আছিল। ধোবীৰ নিৰ্মল, নিলংক চৰিত্ৰত কলংক সানি দুর্নাম
ৰটাবলৈ মানুহবোৰে পিছনুহোঁহকিব।
ধোবীয়ে
ক'লে-
শনেই ককাই, মোৰ
এটা অনুৰোধ আছে।
শনেই
মূৰ তুলি ধোবীৰ মুখলৈ চালে।
ধোবীয়ে কঁপা কঁপা মাতেৰে ক'লে- তুমি বিয়া কৰোৱা শনেই ককাই।
শনেই
হাঁহিলে। ক'লে-
তিনি বছৰ আগৰ শিৱৰাত্ৰিৰ কথা মনত আছেনে তোৰ ?
পুনৰ
সেই অতীত কথা, শিৱৰাত্ৰিৰ
দুৰ্বলতা। যিমানেই অনুতাপ নকৰক কিয়, তাইৰ মনলৈ শান্তি ঘূৰি নাহে। মনক
যিমানে কঠিন কৰিব খুজিছে, মন সিমানে দুৰ্বল হৈ পৰিছে। কোনোবাই যেন তাইৰ ভিতৰৰপৰা কৈ উঠিছে- তাই
এই শনেই পড়িৰাৰ সুন্দৰ বলিষ্ঠ দেহৰ লগত লতাৰদৰে লিপিত খাই পৰিব, জগত যিয়েই কয় কওঁক, লোকে যিয়ে ভাবে ভাবক। কি কাৰণত তাই
শনেই পড়িৰাৰ জীৱন ছাৰখাৰ কৰিব? কি কাৰণত নিজক জ্বলাই-পোৰাই মাৰিব ?
ধোবীৰ
দেহৰ শিৰা-উপশিৰাৰ পৰা জুইৰ সোঁত ব'বলৈ ধৰিলে। সঁচাকৈয়ে যেন তাই বলিয়া
হৈ যাব। শনেইৰপৰা মাথোন এষাৰ কথা শুনিবলৈ তাই ব্যাকুলভাবে শনেইৰ মুখলৈ চালে।
শনেই
উঠি থিয় হ'ল।
অবিচলিত সুৰত ক'লে
সি- ইমান চিন্তা কিহৰ ? যি সম্ভৱ নহয় সেয়াওতো মানুহে সহ্য কৰে। তোৰ মনত দুখ দিবলৈ, তোৰ জীৱনৰ শান্তি ভংগ কৰিবলৈ নাইবা তোৰ
সংকল্পত বাধাৰোপ কৰিবলৈ মই অহা নাই, ভৱিষ্যতেও কেতিয়াও নাহোঁ।
খন্তেক
ৰৈ শনেই পুনৰ ক'লে-
মোক বিদায় দিয়া, ধোবী। ইয়াত তোৰ ঘৰত, তোৰ ওচৰত যিমান সময় মই কটাম, তাৰপৰা ভয়ংকৰ দুখ আৰু মনৰ যন্ত্ৰণাহে
বাঢ়িব। দুয়োৰে সংকল্পত বাধা আহিব।
শনেইৰ
কথা ধোবী সহ্য কৰিব নোৱৰিলে। তাই অস্থিৰভাবে শনেইৰ হাতত ধৰি কান্দোনমূৱা হৈ ক'লে- নাই নাই, তুমি নাযাবা, শনেই ককাই, তোমাক ওচৰত পাই মই এৰি দিব নোৱাৰিম।
অধিক
একো ক'ব
নোৱাৰিলে, শিশুৰ
দৰে কান্দি উঠিল তাই।
শনেই
তাইৰ মনৰ দুখ উপলব্ধি কৰিব পাৰিলে। যাৰ কাৰণে বলিয়া হৈ সি লৰি আহিছিল তাৰ উত্তৰ
সি পালে। সি উপলব্ধি কৰিলে, ধোবী চিৰদিন তাৰ। তাৰ বাবে, তাৰ কথাতে ধোবী সকলো দুখ-কষ্ট, অপমান সহিবলৈ প্ৰস্তুত; কি কাৰণত সি ধোবীক কষ্ট দিব ? উত্তেজনাৰ মোহত তাৰ লগত গুচি গৈ ধোবী জগতৰ
চকুত কিয় কলংকিনী হ'ব?
শনেই
লাহে লাহে ধোবীৰ হাতৰপৰা নিজৰ হাত এৰুৱাই আনি স্নেহার্দ্ধ কণ্ঠত ক'লে- অবুজ নহ’বি, ধোবী। তোৰ ওপৰত খং কৰি বা অভিমান কৰি
মই গুচি যাব বিচৰা নাই— তোৰ মনৰ দৃঢ়তা দেখি, তোৰ নিৰ্মল নিষ্কলংক জীৱনৰ আদৰ্শ দেখি
মই নতুন সংকল্প মনত বান্ধি লৈ গৈ আছোঁ।
এনেতে
বল্লীয়ে খবৰ দিলে- বিধেই বাবু উঠিছে। তোমাক বিচাৰি আছে।
সুযোগ
পাই শনেই ঘৰৰ ভিতৰৰপৰা ওলাই গ'ল। ধোবী প্ৰস্তৰ মূৰ্ত্তিৰ দৰে থিয় দি ৰ'ল।
x x x
বাহিৰৰ অন্ধকাৰলৈ আহি শনেই থমকি ৰৈ গ'ল। ধোবীৰ লোতক ভৰা চকু, গভীৰ বেদনাত কঁপি কঁপি উঠা ওঁঠযোৰ, ফুলি ফুলি উঠা নাকৰ পাহি, নিশ্চল মূৰ্ত্তিৰ দৰে অন্ধকাৰৰ মাজত
যেন তাৰ বাট ভেঁটি থিয় হ'ল। ধোবীৰ কোঠালিৰ সন্মুখত সি খন্তেকৰ বাবে ৰৈ গ'ল। চকুৰপৰা লোতক সৰি পৰিল। মনক সান্ত্বনা
দিব বিচাৰিলে, কিন্তু
মন শান্ত নহ'ল ৷
জগতৰ
মায়াৰ বান্ধোনত বান্ধ খোৱাৰ সময়ত মানুহে বুজিব নোৱাৰে মায়াৰ বান্ধোন ছিন্ন কৰা
কিমান কষ্টকৰ। মানুহে ছট্ফট কৰে— আৰ্তনাদ কৰে।
চকুপানী
মচি অসংযত ভৰিৰে শনেই নিজৰ অজ্ঞাতসাৰে কিছুদূৰ আগবাঢ়ি আহিল। মায়াৰ বেৰা পাৰ
হৈ আহিল সি। এন্ধাৰ পাতল হৈ আহিছে। গহীৰ বিলৰ চাৰিওফালৰ আকাশ লাহে লাহে পোহৰ হৈ
উঠিবলৈ আৰম্ভ কৰিছে।
আন্ধাৰ
আঁতৰিব, ৰাতি
পুৱাব, কিন্তু
শনেই যাব ক'লৈ ? পূৰ্বপুৰুষৰ ভেটিৰ ওপৰত ধোবীৰ ধনেৰে যি
ঘৰ সাজিছে তালৈ উভতি যাব নেকি বাৰু সি ? পুনৰ নাঙল ধৰি খেতি-বাতি আৰম্ভ কৰিব
নেকি ? টোপালে
টোপালে দেহৰ ঘাম সৰাই তেজ ঢালি খেতিত ধান উৎপাদন কৰিব নেকি ?
শনেই
গছৰ শিপাত উজুটি খালে।
কে’লেই সি এইবোৰ কৰিব ? কোনে ভোগ কৰিব তাৰ সম্পত্তি ? দুৰ্ভিক্ষ আহিলে পুনৰ লাখ লাখ মানুহ
গুচি যাব, পুনৰ
ধনীবিলাকে সঞ্চয় কৰিব মানুহৰ তেজ, মানুহৰ ধান। ৰাজ্য বিস্তাৰ
কৰিব। লাখ লাখ মগনীয়াৰ মাজত শনেই পড়িৰা পৰি থাকিব। কি কাৰণত শনেই সম্পত্তি কৰিব? কি কাৰণত সি পূৰ্বপুৰুষৰ ভেটিলৈ উভতি
যাব?
শনেই
অসহায়বোধ কৰিবলৈ ধৰিলে। জীৱনৰ লক্ষ্য অবিহনে মানুহে নিজক অসহায় বোধ কৰে। মানুহে
খোজে অৱলম্বন, বিচাৰে
ভবিষ্যতৰ লক্ষ্য, যাক কেন্দ্ৰ কৰি মানুহ আগবাঢ়ে। সকলো দুখ-কষ্ট, অপমান সহ্য কৰে। মেঘেৰে আৱৰা আকাশৰ
মাজত বিজুলি চমকৰ দৰে দুখ ও নৈৰাশ্যৰ মাজত মানুহে চাই থাকে আশাৰ আলোকৰ ফালে। চকুলো
মচি শনেই পোহৰ লক্ষ্য কৰি আগবাঢ়িবলৈ ধৰিলে।
শনেইৰ
লক্ষ্য, উদ্দেশ্য, আশা ভংগ হৈছে। ধৰ্মৰ ওপৰত, কল্পিত ভগবান, পৰজন্ম, পূর্বজন্ম, মুক্তি, নির্বাণ- এইবোৰৰ ওপৰত তাৰ বিশ্বাস নাই। ধন, সম্পত্তি, ঘৰ-বাৰী এইবোৰ সি ঘৃণা কৰে। কি হ'ব এইবোৰেদি ? কোনে ভোগ কৰিব তাৰ পৰিশ্ৰমৰ ফল ? সমাজৰ নিয়ম মানি সি সংসাৰ কৰিব, মুখা পিন্ধি বিয়া কৰাব নেকি ?
ৰাতিৰ
অন্ধকাৰ আঁতৰিল। উজলি উঠিল পূবৰ আকাশ। শনেইৰ মনৰ অন্ধকাৰো আঁতৰি গ'ল। তাৰ ভিতৰৰ মুক্ত মানুহটোৱে কৈ উঠিল-
কিয় ? তোৰ
লক্ষ্যতো অতি মহান। শনেই, জগতৰ বাটে-ঘাটে যিসকল নিঃসহায়, অক্ষম মানুহৰ সন্তান পেটৰ তাড়নাত দয়া
ভিক্ষা কৰি মানুহৰ মুখলৈ চাই আছে, হাত পাতি এমুঠি খাবলৈ বিচাৰিছে, সেই সকলেই হ'ব তোৰ নিজৰ মানুহ— সেই সকলেই হ'ব তোৰ বন্ধু-সহোদৰ। সমাজে যাক ত্যাগ
কৰিছে, ধৰ্মই
যাক পণ্যদ্রব্য, মাটিৰ
চপৰাৰ দৰে কৰিছে, ডাঙৰ মানুহৰ ধান খেৰৰ তলত পেটত হাত দি চকুমুদি যি সকল শ্মশানলৈ
আগবাঢ়িছে, তিলে
তিলে আত্মহত্যা কৰিছে, সেইসকলেই হ’ব তোৰ সন্তান। সিহঁতক কোলাত তুলি লোৱা, সিহঁতক আশ্রয় দিয়া।
উত্তেজিত
হৈ শনেই নিজৰ মূৰৰ তিতা চুলি আঁজুৰিবলৈ ধৰিলে। ধোবী তাইৰ সকলো সম্পত্তি দুখীয়া নিৰাশ্রয়ক
দান কৰিছে। পৰ জনমৰ বাবে পূণ্য সঞ্চয় কৰিছে। কিন্তু মানুহে পূণ্য সঞ্চয় কৰে কিয় ? জগতৰ সকলো মানুহ সুখত থাকিলে, কোনেও কাৰো মুখলৈ চাই নাথাকিলে, মানুহৰ পূণ্য সঞ্চয়ৰ আকাংক্ষা
নাথাকিলহেঁতেন। বংশ লোপ পোৱাৰ দুঃস্বপ্ন কোনেও নকৰিলেহেঁতেন।
ধোবী
পূণ্য সঞ্চয় কৰিছে!
ভুল
কথা। ধোবী সমাজ গঢ়িছে, কিন্তু নিজে মুক্ত হৈ আছে। যিসকলক তাই ঘৰ সাজি দিছে, সিহঁতেও ধন সঞ্চয় কৰিবলৈ উঠি-পৰি
লাগিছে। ডাঙৰ মানুহ হ'ব, অনন্ত
কালৰ বাবে সিহঁতৰ ল'ৰা-ছোৱালী, আত্মীয়-স্বজন সুখত থাকিব !
কিয়
এই ভ্ৰম ?
যিসকলে ভবিষ্যত বংশধৰৰ বাবে ধন সঞ্চয় কৰি থৈ
গৈছে, সম্পত্তি
কৰি থৈ গৈছে, সিহঁতৰ
নাতি-পৰনাতিসকল এই পৃথিবীত খাবলৈ নাপাই বাটে-ঘাটে পৰি প্ৰতিদিন মৰি আছে। ভাগ্যবাদীসকলে
কৈছে- লক্ষ্মী
চঞ্চলা, সকলো
পূৰ্বজনমৰ তপস্যাৰ ফল। তেনেহ'লে ধন সঞ্চয়ৰ স্পৃহা কিয়? ধন সঞ্চয়ৰ অৰ্থই বা কি ?
দুখ-কষ্টৰ
ভয়, বংশলোপৰ
ভয় ?
পৃথিবীৰ
বাটে-ঘাটে দুঃখী, ডাল-দৰিদ্ৰ, নিৰাশ্রয় ও ভোকাতুৰ মানুহ দেখিলে দুৰ্বল মানুহৰ মনত ভয় সঞ্চাৰ হয়।
নিজক সেই বেশত, সেই
অৱস্থাত বা তাৰ ভৱিষ্যত বংশধৰসকলক সেই নিৰাশ্রয়, ভোকাতুৰ, ৰুগ্ন বেশত দেখাৰ কল্পনাই সিহঁতৰ বুকু
কঁপাই তোলে। সেই ভয়তে মানুহে ধন সঞ্চয় কৰে। সকলোৱে যদি পেট পূৰাই খাবলৈ পায়, দেহ ঢাকিবলৈ বস্ত্ৰখণ্ড পায়, ৰুগ্ন নিৰাশ্ৰয় হৈ বাটে-পথে ঘূৰি
ফুৰিব লগা নহ'লহেঁতেন, তেনেহ'লে ধন সঞ্চয়ৰ স্পৃহা কাৰো
নাথাকিলহেঁতেন। নিজৰ ভবিষ্যত নাইবা বংশধৰসকলৰ ভবিষ্যতৰ ভাল-বেয়া ভাবিবৰ প্ৰয়োজন
নহ'লহেঁতেন।
পূৰ্ব
গগনত সূর্য উঠি আহিল। শনেই তাৰ উত্তেজিত মনলৈয়ে বহাৰপৰা উঠি থিয় হ'ল। ধোবীৰ কাষৰপৰা সি বহুদূৰ লৈ আঁতৰি
আহিছে। আৰু দূৰ লৈ গুচি যাব। পুণি, যাক সি মৃত্যুমুখত পেলাই থৈ আহিছিল, আজি তাইকে কোলাত তুলি ল'ব, মধু ভূঁইক আলিংগন কৰিব। পুনৰ শনেই
অজাতি, অন্নসত্ৰত
খোৱা, পতিত, সমাজচ্যুত, অধর্মী, জাতিচ্যুত মানুহৰ দৰে ঘৃণিত জীৱ হ'ব। পুনৰ মানুহে তাক দেখিলে, ঘৃণা কৰিব। মুখা, পোচাক ও হনুমানৰ নেজ সোলোকাই সি প্ৰকৃত
মানুহ হৈ ওলাই আহিব।
শনেই
পুণিৰ ঘৰৰ ফালে খোজ ল'লে।
মধুৱা
কেতিয়াবাই উঠি কামলৈ বুলি ওলাই গৈছে। ল'ৰাটো টোপিনৰপৰা তেতিয়াও উঠা নাছিল।
গোহালি সাৰি মচি, গোবৰ লগা হাত ধুই, গোহালিৰপৰা ওলাই আহি পুণি দেখিলে, ঘৰৰ সন্মুখত তাইৰে শনেই ককাই থিয় হৈ
আছে। তাইৰ সপোনৰ দৰে লাগিবলৈ ধৰিলে।
শনেই
পুণিৰ কাষলৈ আহিল। এইজনীয়েতো সি কোলা-বোকোচাত লোৱা পুণি ! কিমান ডাঙৰ হৈছে। কিমান
সুন্দৰ দেখা গৈছে! বিশেষ কোনো পৰিৱৰ্ত্তন নাই। সেই মুখ, সেই চকু, নাক ও ওঁঠ। তেনেকুৱাই গম্ভীৰ, কান্দুৰী ভাব।
পৰিৱৰ্ত্তন
হৈছে কিহত ?
পুণি
জাতত উঠা নাই। অন্নসত্ৰত খাইছে। মধুভূঁইৰ গৃহিণী হৈছে। তথাপিও কালি যেনেকুৱা আছিল, আজিও সেই একেই আছে। শনেই তেনেহ'লে কিয় ইমান দিন তাইৰ খা-খবৰ লোৱা
নাছিল ?
শনেই
কোমল কণ্ঠত মাতিলে- পুণি ?
তাৰ
কণ্ঠ ৰুদ্ধ হৈ আহিল। সি কান্দোন চম্ভালিব নোৱাৰিলে। কিবা ক'বলৈ গৈয়ো ক'ব নোৱাৰিলে।
ককায়েকৰ
এটি মাত্ৰ চেনেহ ভৰা মাততে পুণি নিজক পাহৰি গ'ল। তাইৰ মনত সাগৰৰ
জোৱাৰৰ দৰে অভিমানৰ জোৱাৰ উঠিল। গুৰিকটা গছৰ দৰে তাই ককায়েকৰ ভৰিৰ তলত পৰি দুই
ভৰি সাৱটি ধৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
শনেই
কুঁজা হৈ তাইক ভৰিৰ তলৰপৰা টানি তুলিলে।
পুণি
ককায়েকৰ বুকুত মূৰ গুজি অধীৰা হৈ কান্দিবলৈ ধৰিলে।
তাইৰ
মনত পৰিল, মাক-দেউতাক, ভনীয়েক কুনি আৰু সহোদৰ ভায়েক মনেইলৈ। দুৰ্ভিক্ষৰ মৰণ
দৃশ্য পুনৰ তাইৰ চকুৰ আগত ভাহি উঠিল। উঃ, কি ভয়ংকৰ সেই দৃশ্য! ক'ত থাকিল তাইৰ আত্মীয়-স্বজন?
শনেই
তাইৰ পিঠিত হাত বুলাবলৈ ধৰিলে। সময় পাৰ হ'বলৈ ধৰিলে। চেনেহ ৰাগ ভৰা মনৰ ওচৰত
সময় পৰাজিত হ'ল।
শনেই
ক'লে-
শান্ত হ, পুণি।
ভ্ৰমত পৰি, বৃথা
আশাত মনুষ্যত্বক ভৰিৰে ঠেলি ছাঁৰ পাছত মই দৌৰি ফুৰিছিলোঁ। মোৰ ভ্ৰম আঁতৰ হৈছে।
বুকুৰপৰা
মূৰ তুলি পুণি শনেইৰ লোতক ভৰা চকুৰ ফালে চাই ৰ'ল।
শনেই
সুধিলে- মধুৱা ক'ত?
পুণি
কোনো উত্তৰ নিদিলে ।
তোৰ
ল'ৰাটো
ক'ত, পুলি ?
পুণিয়ে
উত্তৰ দিয়াৰ আগতেই ঘৰৰ ভিতৰত বনেই কান্দি উঠিল।
শনেই
ঘৰৰ ভিতৰলৈ সোমাই আহিল । ভঙা চাঙৰ ওপৰত ফটা-ছিটা কঁথা, তাৰ ওপৰতে বনেই পড়িৰাৰ তেজ, বনেই পড়িৰাৰ প্ৰতীক সৰু বনেই ভূঁই বহি
কান্দি আছে। আনন্দত শনেইৰ বুকু নাচি উঠিল। বনেই পড়িৰা পুনৰ ল'ৰা হৈ উভতি আহিছে! ই তাৰে দেউতাক, তাৰে অনন্ত কালৰ পূৰ্বপুৰুষ, যি সময়ত ভূঁই আৰু পড়িৰাৰ ভেদ নাছিল, যি সময়ত সকলো মানুহ সমান আছিল। সকলোৱে
এক জাতি— এক
ধৰ্মৰ মানুহ আছিল তেতিয়া কিমান সুখ আছিল!
শনেইয়ে
বনেইক কোলাত তুলি ল'লে।
বনেই
শাঁত নহ'ল।
শনেইয়ে
তাক পুণিৰ কোলাত দিলে।
শনেই
ককাইয়ে এয়া কি কৰিলে? একেবাৰে ঘৰৰ ভিতৰত প্ৰবেশ কৰিলে ? মানুহে দেখিলে কি বুলি ক'ব? পুনৰ তাক জাতিচ্যুত কৰিব, পুনৰ সমাজে তাৰ ওপৰত দোষ ও কলংকৰ বোজা
জাপি দিব। শনেই ককাই পতিত হ'ব। তাই মুখ খুলি এই
কথা ককাইদেউক কেনেকৈ জনাব ?
শনেই
তাইৰ মনৰ কথা উপলব্ধি কৰিব পাৰিলে। মিচিকিয়া হাঁহি মাৰি সি ঘৰৰ ভিতৰতে
খুঁটা এটাত আঁউজি বহি ক'লে- মোৰ ওপৰত তই খং কৰিছ নেকি, পুণি ? ল’ৰালি দিনততো তই কিমানবাৰ খং কৰিছ, কিন্তু সেই খং এঘণ্টাও স্থায়ী হোৱা
নাছিল।
পুণিয়ে
ল'ৰাটোক
কোলাতলৈ অলপ আঁতৰত বহি কঁপা কঁপা ওঁঠেৰে ক'লে- ককাইদেউ !
তাইৰ
কণ্ঠৰোধ হৈ আহিল। ভনীয়েকৰ পঁজা ঘৰত ভৰি দিছে ককায়েকে, দেৱতাই। কিমান সুখ, কিমান আনন্দৰ কথা। কাৰ ভাগ্যত এইবোৰ
হয় ? কেনেকৈ
পুণিয়ে ক'বলৈ
মুখ খুলিব যে, তুমি
গুচি যোৱা, মই
তোমাৰ ভনী পুণি নহয়, পুণি কেতিয়াবাই মৰিল ।
পুণিৰ
মুখমণ্ডল মলিন হৈ উঠা শনেই প্ৰত্যক্ষ কৰিলে। যেন তাইৰ মনৰ মাজত বহু যন্ত্ৰণাপ্ৰদ
ভাবনাৰ কাঁইটে বিন্ধি আছে। শনেই কোমল সুৰত ক'লে- তোৰ অভিমান নাভাঙে নেকি, পুণি ? ল'ৰালিত তই বহু সৰু-বৰ দোষ কৰিছিলি, মনত পেলাচোন, মই কিমান অভিমান কৰিছিলোঁ, কিমান দিন তোৰ কাণ মুচৰিছো, পুনৰ তোক কোলাত লৈছোঁ, আদৰ কৰিছোঁ। কৰা নাইনে মই ? মনত পেলাচোন ।
সঁচাকৈয়ে
পুণিৰ বুকু ফাটি যাব। শনেই ককাই কিয় ল'ৰালি দিনৰ কথা মনত পেলাই দিছে ? পুনৰ কিয় অতীতৰ সুখ-দুখৰ কথা মনত
পেলাই দিছে? তাই
এতিয়া কি ক'ব ?
শনেই
ক'বলৈ
ধৰিলে- পুণি, ককায়েকেও ভুল কৰে। মই ভুল কৰিছোঁ। সকলো মোৰ মতিভ্ৰম। জাতি, ধৰ্ম বা সম্পত্তিয়ে মোক তোৰপৰা আঁতৰাই
ৰখা নাছিল। আমাৰ মাজত থিয় হৈছিল এক ডাঙৰ মোহ। মোৰ সেই মোহ ভংগ হৈছে, মই তোৰ কাষলৈ উভতি আহিছোঁ। বহি আছ কিয়
? উঠ, তোৰ ককায়েৰ আহিছে, তই আনন্দ কৰ। কান্দিছ কিয়? উঠ পুণি, তোৰ ককায়েৰৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে।
তোৰ হাতৰ ৰন্ধা ভাত-পানী খালেহে মোৰ আত্মা শান্ত হ'ব।
পুণিয়ে
ক'লে-
এয়া তুমি কি কৈছা, ককাইদেউ ? তোমাৰ ভনী পুণি আজি অজাতি, অস্পৃশ্য, পতিতা। তুমি মোক মনত পেলাইছা, চাবলৈ আহিছা, মোৰ ল'ৰাটোক কোলাত লৈছা এয়াই মোৰ কাৰণে
যথেষ্ট। সৰগৰ জোন হাতত পালেও মই ইমান আনন্দিত নহ'লোঁহেঁতেন। কোনোবা জনমৰ পূণ্যৰ ফলতহে মই
তোমাৰ ভনী হৈ জন্ম গ্ৰহণ কৰিছোঁ। কোনোবা জনমৰ পাপৰ ফলত পুনৰ মই অজাতি হৈছোঁ। কত
মানুহৰ মৃত্যু হ'ল, কিন্তু
মোৰ হীনমান্যা, লাঞ্ছিতা
জীৱনৰ মৰণ নহ'ল। শ্মশানৰপৰা, শিয়াল-কুকুৰৰ মুখৰপৰা বাউৰিৰ ল'ৰাই মোক বুটলি ঘৰলৈ আনিলে। মোৰ মৃত্যু
নাছিল, সেয়ে
মই নমৰিলোঁ। এতিয়া মই বাউৰিৰ ঘৰত আশ্রিতা হৈ আছোঁ। এই কলংক মোৰ পেটৰপৰা জন্ম ল'লে। মই নৰকত পৰি ছট্ফটাই আছোঁ। মোৰ এই
পোৰা মুখ মই তোমাক দেখুৱাবলৈ যাবপৰা নাছিলো।
চকুলো
মচি পুণি পুনৰ ক'বলৈ ধৰিলে- কিমান দিন আত্মহত্যা কৰি কলংক গুচোৱাৰ কথা ভাবিছোঁ।
কিন্তু পৰা নাই। যিজনে মোক শ্মশানৰপৰা বুটলি আনিছে, মোৰ বাবে যিজনে বহু অত্যাচাৰ সহ্য
কৰিছে, বহু
দুখ মূৰ পাতি লৈছে তাৰ মুখলৈ চালে, তাৰে ল'ৰা এই কলংকৰ বোজাটোক দেখিলে মোৰ মৰিবলৈ
সাহস নহয়।
শনেই
আশ্চর্যচকিতভাবে পুণিৰ মুখলৈ চালে। ক'লে- তই ভুল বুজিছ, পুণি। যিজনে তোক ভাল পাইছে, যিজনে তোক জীৱন দিছে, সেইজনেই তোৰ স্বামী, তোৰ দেৱতা। তোৰ এই ল'ৰাজন অতি পবিত্র। মানব সন্তান পবিত্র, পুণি। সি কলংক নহয়, লাজৰ নহয়। তোৰ সংসাৰ
সুন্দৰ।
পুণি
অস্থিৰভাবে ক'লে-
বহু মানুহ এই বাটেৰে অহা-যোৱা কৰে, তুমি গুচি যোৱা, ককাইদেউ। মানুহে দেখিলে পুনৰ তোমাক
জাতিচ্যুত কৰিব।
মানুহ
জাতিটোক মই ভয় নকৰোঁ, পুণি।
এই
কথা তুমি নক’বা।
পড়িৰা বংশ কিয় লোপ পাব? পড়িৰা বংশ কিয় ডুবিব ? সাত পুৰুষক পানী দিবলৈ, কুলত প্ৰদীপ জ্বলাবলৈ কোনো নাথাকিব, এয়া হ'ব নোৱাৰে ককাইদেউ। ককাইদেউ, মই তোমাৰ ভৰিত ধৰি কাবৌ কৰিছোঁ, তুমি গুচি যোৱা। ঘৰ-সংসাৰ কৰা। দেউতা, ককাৰ নাম ৰাখা ৷ তোমাৰ সুখ দেখিলে আঁতৰত
থাকিয়ে মই শান্তি পাম।
নির্বোধ
পুণিক শনেইয়ে কেনেকৈ বুজাব? সমাজ ও ধৰ্মৰ কথা শুনি, অত্যাচাৰ সহি তাই নিজকে অপবিত্ৰ বুলি
ধৰি লৈছে। দেৱশিশুক তাই কলংক বুলি ধৰি লৈছে। তাইৰ লগত তৰ্ক কৰি লাভ নাই। যিজনে
স্বৰ্গ আৰু নৰকৰ সপোন দেখিছে, যাৰ মূৰত দেৱতাৰ ভূত লম্ভিছে, সেই পুণিৰ চকুৰ আগত আলোক জ্বলালে
জলক-তবকহে দেখিব মাথোন!
শনেই
তৰ্ক নকৰি উঠি থিয় হ'ল।
পুণি
বহাৰ পৰা উঠি ল'ৰাটোক
কান্ধত লৈ অলপ আঁতৰি থিয় হ'ল।
শনেই
লাহে লাহে ঘৰৰ ভিতৰৰপৰা ওলাই আহিল। খন্তেকৰ কাৰণেও সি উভতি নাচালে৷
ইতিমধ্যে
সূৰ্য আকাশৰ ওপৰলৈ উঠি আহিছিল। গাঁৱৰ মাজেৰে বহু মানুহ অহা-যোৱা আৰম্ভ কৰিছে।
শনেইৰ মনত উমি উমি মাথোন এটাই ভাবনা জ্বলিছে— তাৰ ভনীয়েক পুণিয়েও তাক পৰিত্যাগ
কৰিলে!
আৰু
পুণি! তাই বুকুত শিল বান্ধি ককায়েক যোৱা বাটৰ ফালে চাই থাকিল। পড়িৰা বংশৰ নিৰ্মল, পবিত্ৰ তেজৰ বহু শিশু যেন শনেই ককাইৰ
পিছে পিছে লৰি গৈ আছে।
পুণি
সপোন দেখি দীর্ঘনিশ্বাস এৰিলে। ওঁঠত ফুটি উঠিল হাঁহি। মনত ভাবনা— পড়িৰা বংশৰ। পড়িৰা বংশ যেন চকুৱে
ঢুকি নোপোৱা দূৰলৈ দীঘল হৈ বাঢ়ি গৈ আছে।
x x x
ধোবীৰ
মাকৰ কান্দি কান্দি ৰাতি পুৱাল। চাকৰ-বাকৰবোৰে বাহীবন কৰি অঁতালে। ধোবীৰ মাকৰ মুখত
পানী এটোপাও নপৰিল। জায়েকে ভৰি টিপি টিপি ঘৰৰ ভিতৰত প্ৰবেশ কৰিলে। তাই ধোবীৰ মাকৰ
ভৰিত ধৰি জোকাৰি ক'লে- বাইদেউ উঠা, তুমি এনেকৈ ব্যস্ত হ'লে নহ'ব। ককাইদেউৰ ওপৰত খং
কৰি তুমি মিছাতে কিয় নিজক কষ্ট দিছা ? তেওঁ খং কৰি ৰাতিপুৱাই দূৰ্গাপুৰলৈ
গুচি গৈছে।
বেতৰ
কোব খাই যেন ধোবীৰ মাক চমকি উঠিল। খাটৰ ওপৰত বহি নিজকে নিজে সুধিলে তাই- ৰাতিপুৱা
উঠি দুর্গাপুৰলৈ গৈছে ?
জায়েকে
লাহে লাহে ক'লে-
ৰাতিপুৱা বাহিৰত পানী ৰৈ থকা দেখিলোঁ। বেহৰাসকলো আছিল। সোধাত, কোনোবা এজনে ক'লে- দেউতাই বোলে দূর্গাপুৰলৈ যাব।
এতিয়া গ'লগৈয়ে।
ধোবীৰ
মাকে মনে মনে কিবা ভাবিবলৈ ধৰিলে। জায়েকে তাইৰ হাতত ধৰি মাতিলে- আহা বাইদেউ, তোমাক মই ধৰি নিছোঁ। কালিৰপৰা তোমাৰ
মুখত পানী এটোপাও পৰা নাই। তোমাৰ দেহ দুর্বল, ব'লা।
ধোবীৰ
মাকে ভাগ্যৰ ওপৰত দোষাৰোপ কৰি ক'লে- ভাগ্যই কিয় মোক লাঞ্ছনা-গঞ্জনাৰ জীৱন দিছে! খন্তেক নীৰৱে থাকি
তাই পুনৰ ক'লে-
নিধি ক'ত ?
বাহিৰত
আছে।
মাতি
দিয়াচোন
জায়েকে
কোঠালিৰপৰা বাহিৰলৈ ওলাই গ'ল। ধোবীৰ মাকে খাটৰ ওপৰত বহি ভাবিবলৈ ধৰিলে, ইমান পুৱাতে জীয়েকৰ ঘৰলৈ গ'ল কিয় ?
নিধেই
আহিল। তাকো এই একে প্রশ্নকে সুধিলে।
নিধেই
ভাবি-চিন্তি ক'লে-
মোক একো কৈ যোৱা নাই ।
ধোবীৰ
মাকে খং কৰি উচ্চকণ্ঠত ক'লে- নাজানা, নে মোৰ আগত লুকাইছা? সকলো নাটৰ সূত্ৰধাৰ তুমিয়ে। তুমি যদি জেদ ধৰিলাহেঁতেন, তেওঁৰ কথাত বাধা দিলাহেঁতেন, তেনেহ'লে ইমান দিনে ধোবীৰ বিয়া নোহোৱাকৈ
থাকিহেঁতেন নে ?
নিধেই
তলমূৰ হৈ থিয় দি ৰ'ল। ককায়েক, বৌৱেক উভয়ে গুৰুজন, সিহঁতৰ কথাৰ ওপৰত মাত মাতি সি কেতিয়াও প্ৰতিবাদ নকৰে। খঙত গংগাটোপটো
হৈ নিধেইৰ স্ত্ৰী তাৰপৰা গুচি গ'ল।
ধোবীৰ
মাকে উচ্চকণ্ঠত সুধিলে- মনে মনে থাকিলা যে?
নিধেই
মূৰ তুলি ক'লে-
ককাইদেৱে মোক একো কৈ যোৱা নাই। যোৱাৰ সময়ত মোৰ লগত দেখাও হোৱা নাই ৷
ধোবীৰ
মাকে ক'লে-
তেওঁ ধোবীক তোলনীয়া পো লোৱাৰ বাবে বাধ্য কৰাবলৈ গৈছে। তোমাৰ ইয়াত মত আছে ?
নিধেই
সামান্য হাঁহি মাৰি ক'লে- সেইবোৰ তোমাৰ ভবাৰ প্ৰয়োজন নাই, নবৌ। মই জীয়াই থাকোঁতে এই কাম
কেতিয়াও হ'বলৈ
নিদিওঁ।
সঁচা
?
সঁচা।
ককাইদেউ যদি বিৰক্ত হয়, ল'ৰা-ছোৱালীলৈ
মই বেলেগ ক'ৰবালৈ
গুচি যামহি। এই সম্পত্তি ককাইদেৱে কৰিছে, এই সম্পত্তিৰ ওপৰত মোৰ কোনো ধৰণৰ দাবী
নাই। যিখন ঘৰত সকলো সময়তে অশান্তিৰ জুই জ্বলি আছে, তাত থাকি মই তোমালোকৰ মনত দুখ-কষ্ট
নিদিও। ককাইদেৱে খং কৰিব, কৰক। পৰৰ ঘৰত দিন হাজিৰা কৰি যি পাম তাৰেই ল'ৰা-ছোৱালীৰ মুখত........
ধোবীৰ
মাক গৰ্জি উঠিল। খাটৰপৰা নামি থিয় হ'ল তাই। খঙত তাইৰ সৰ্বশৰীৰ কঁপিবলৈ
ধৰিলে। চকুৰপৰা যেন জুইৰ শিখা ওলাবলৈ ধৰিলে। নবৌৱেকৰ এনেকুৱা মূৰ্ত্তি নিধেই
কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল। সি সন্ত্ৰস্ত হৈ উঠিল। ক'ব খোজা কথা কণ্ঠতে ৰুদ্ধ হ'ল।
ধোবীৰ
মাকে গৰ্জন কৰি কঁপা কঁপা ওঁঠেৰে ক'লে- শান্ত হ, শান্ত হ, নিধিয়া। ল'ৰা-ছোৱালী কাৰনো ? তোৰ ? তই মানুহ কৰিছ? কোনো দিন সিহঁতৰ মুখলৈ চাইছিলিনে ? কোলাত লৈছা ? সেই ৰাক্ষসীনিয়ে সিহঁতক জন্ম দিছে
মাথোন, কাৰ
কোলাত ডাঙৰ-দীঘল হৈছে ? কাৰ বুকুৰ ৰস টানি জীয়াই আছে ? সিহঁতৰ নাম মুখত আনিছ, তোৰ ইমান সাহস?
কঁপি কঁপি তাই পুনৰ খাটৰ ওপৰত বহি পৰিল। যি
চকুৰপৰা খন্তেক আগতে বিজুলি চমকিছিল, সেই চকুৰপৰাই লোতকৰ সোঁত ব’বলৈ ধৰিলে।
দুখ, অনুতাপ, ভয়ত নিধেই জ্ঞানশূন্য হোৱাৰ দৰে হ'ল। সি চৌদিশে শূন্যতা দেখিবলৈ ধৰিলে।
সি বুজিব পাৰিলে, কেইফাকি উত্তেজিত কথাৰে সি স্নেহময়ী নবৌৰ মনত প্ৰচণ্ড আঘাত দিছে। এই
নবৌ! যাক সি চিৰদিন মাকৰ দৰে দেখি আহিছে, যাৰ মুখৰ পৰা ভুলতো কোনোদিন টান কথা
শুনা নাই। নবৌ! যিজনী এই ঘৰৰ লখিমী, যিজনীৰ চেনেহৰ বাবে, যিজনীৰ তেজ, মঙহ ও জীৱন চুহি ল'ৰা-ছোৱালীকেইটা জীয়াই আছে, সেইজনী নবৌৰ মনত সি আঘাত দিবলৈ সাহস
পালে ক'ৰপৰা
?
ধোবীৰ
মাকে ক'বলৈ
ধৰিলে - ককায়েৰৰ লগত কাজিয়া কৰি, খং অভিমান কৰি তুমি গুচি যোৱাগৈ। যিজনে
নিজৰ শক্তিৰ পৰিচয় নাজানে সি মূৰ নত কৰিয়ে মৰে। তুমি ককায়েৰৰ ৰঙা চকু দেখি ভয়
পাই গুচি যাব পাৰা, কিন্তু মোৰ ল'ৰা-ছোৱালীৰ নাম ল'লে, ঘৰত জুই লগাই দিম, বুজিলা ?
ধোবীৰ
মাক শান্ত হ'ল ।
নিধেই
হাতযোৰ কৰি ক'লে-
তোমাৰ ল'ৰা-ছোৱালীৰ
নাম মই মুখত নলওঁ, তুমিতো জানাই ককাইদেউ কেনেকুৱা খঙাল । তেওঁৰ কথাত বাধা
দিলে তেওঁ যদি জেদ ধৰি বহে, মোৰ কি কৰিবলৈ থাকিব পাৰে ? ধোবীয়ে নিধেইক তোলনীয়া পো ল'ব নোৱাৰে। ইয়াত মই নিশ্চয় বাধা দিম।
ককাইদেৱে যদি জেদ ধৰে মই কি কৰিম? ঘৰ এৰি গুচি যোৱাৰ বাহিৰে মোৰ বেলেগ গতি নাথাকিব। মই নিজে গুচি
যামহি।
চমকি
উঠি ধোবীৰ মাকে ক'লে- নির্লজ, গুচি যাবা ক'লৈ ? ভাবিছা, ৰামা-শ্যামাৰ কান্ধত উঠি মই শ্মশানলৈ যাম ? কোনোদিনে মই তোমাৰ একো কৰা নাই নেকি ? এই কথা হ'ব নোৱাৰে নিধেই, তুমি নিজ হাতে মোক শ্মশান ভূমিলৈ নি
পুৰি ছাই কৰিব লাগিব। তাৰ পাছত যি মন যায় কৰিবা। নাই নাই, আজিৰপৰা আৰু মই ধোবীৰ নাম মুখত নানো।
জন্ম দিছিলোঁ মই, আৰু লালন-পালন কৰিছা তুমি। নিতেই যিদিনা তাইৰ শিৰৰ সেন্দুৰ মচি
গুচি গৈছে, সিদিনাই
তাই মৰিছে— তাই
মৰিছে।
ফেঁকুৰি
ফেঁকুৰি ধোবীৰ মাক খাটৰ ওপৰত ঢলি পৰিল। গাৰুৰ ওপৰত মুখ থৈ তাই ফেঁকুৰি ফেঁকুৰি
কান্দিবলৈ ধৰিলে।
নিধেইৰ
কাৰণে সেয়া অসহ্য লাগিল। সঁচাকৈয়েতো ধোবীক লালন-পালন কৰিছে কোনে, মানুহ কৰিছে কোনে? ধোবীৰ বাহিৰে এই ঘৰৰ সন্তান বুলি সি আন
কাকো নাজানে। যি তিনিটা সন্তান ধোবীৰ পাছত এই ঘৰলৈ আহিছে, আজিলৈকে নিধেই সিহঁতক চিনি নাপায়।
আজিৰ পৰা সি ককায়েকৰ একচেটিয়া কথা মানি মৰা সাপৰ দৰে পৰি পৰি মাৰ নাখায়। কিবা
এটা কৰিবই লাগিব। শনেইৰ লগত ধোবীৰ বিয়া পাতি দিব লাগিব। ইয়াৰ কাৰণে ককায়েকৰ লগত
পৰ হ'লেও
ক্ষতি নাই।
নিধেই
আকুলভাবে খাটৰ কাষত বহিল। নবৌৰ ভৰিত মূৰ লগাই ক'বলৈ ধৰিলে- তুমি শান্ত হোৱা, নবৌ। ব্যস্ত নহ'বা। ধোবীৰ কথা তোমাৰ ভাবিব নালাগে।
সদায় ককায়েকৰ অন্যায় কথাত মই বাধ্য হৈ থাকিব নোৱাৰিম। তোমাৰ ভৰি স্পৰ্শ কৰি
কৈছোঁ, ধোবীৰ
বিয়া হ'ব।
ধোবীয়ে শনেইক বিয়া কৰাব। ককাইদেৱে এই বিয়াত বাধা দিব নোৱাৰে ।
বিধেইৰ
মাকে ভুমুকি মাৰি চাই মুখখন বেজাৰ কৰি পাক ঘৰৰ ফালে গুচি গ'ল।
ধোবীৰ
মাকে মূৰ তুলি নাচালে ৷
x x x
চাওঁতে
চাওঁতে পাঁচদিন পাৰ হৈ গ'ল। তথাপি শনেই ককাইৰ দেখা নাই। শনেই ককাই ক'লৈ গৈছে ? তোমাৰ আগত কিবা কৈ গৈছে নেকি ? বিশি সামন্তৰ মুখলৈ চাই ৰহিমে সোধে।
বিশি সামন্তই কোনো উত্তৰ দিব নোৱাৰে। যাকে সোধে সিয়ে কয়- দেখা নাই।
তথাপি
ৰহিমে কামত অৱহেলা নকৰে। বাৰীত কাম কৰে, বিশি সামন্তক লগত লৈ গছৰ গুৰিত পানী
দিয়ে। গাই, গৰু, ছাগলী, মেকুৰীৰ যত্ন লয়। ঘৰ ৰখি পৰি থাকে।
বাহিৰত চৌকা ধৰি চাউল ফুটাই কলপাতত খায়। মাজনিশা নাৰিকলৰ পাৰ্টী পাৰি শুই পৰে।
ৰাতি নৌপুৱাওঁতেই বিছনা ত্যাগ কৰি কামত লাগি পৰে। ভাবে, শনেই ককাই নিশ্চয় ক'ৰবালৈ জৰুৰী কামত গৈছে। সময়ত নিশ্চয়
উভতি আহিব।
নিধেই
চুই কে'বাবাৰো
শনেইৰ খবৰ ল'বলৈ
মানুহ পঠাইছে আৰু শেষত নিজেও কে'বাবাৰো আহি উভতি গৈছে। ৰহিমে শনেইৰ কোনো শুংসূত্ৰ দিবপৰা নাই। এই
বিষয়ে কোনোবাই সুধিলে নিধেই চুইয়ে কৈছে- শনেইৰ জৰুৰী কাম আছে। ৰাম পহৰাজেও সমজুৱাসকলক
লৈ দুই তিনিবাৰ শনেইক বিচাৰি আহিছে।
জামিদাৰৰ
গোমস্তা গোবিন্দ প্রধানে দুই তিনি দিন আগত শনেইৰ পুখুৰীৰ মাছ ধৰি নিবলৈ মানুহ
পঠাইছিল। সিহঁতৰ বোলে কিবা উৎসৱ আছে। ৰহিমে জালোৱা কেইজনক ওভতাই পঠাইছে। শনেই
ককাইৰ বিনা অনুমতিত ইমান ডাঙৰ কাম সি কৰে কেনেকৈ?
আৰু
সেই পাগলীজনী! কেতিয়াবা আহি কান্দিছে, কেতিয়াবা আকৌ হাঁহিছে। সময়ে সময়ে
আহি চিঞৰি চিঞৰি কৈছে- শনেই মোৰ দৰা, মই তাৰ কইনা। মই ইয়াতে থাকিম, এইখনে মোৰ ঘৰ। কেতিয়াবা ঘৰৰ ভিতৰত
সোমাবলৈও চেষ্টা কৰিছে। ৰহিমে বুজাই-বঢ়াই খাবলৈ দি তাইক বিদায় কৰিছে। গাঁৱৰ ল'ৰা-ছোৱালীবোৰে হাত চাপৰি বজাই তাইৰ
পিছে পিছে খেদি গৈছে। তাই কঁই পাগলী।
ৰহিমে
ভাবি একো ঠিক কৰিবপৰা নাই, শনেই গ'ল ক'লৈ ?
x x x
সেইটো
ঘৰ, য'ত নায়েকৰ মৃত দেহ পৰি আছিল, হৰি মহান্তিয়ে যিটো ঘৰত বগা কাগজত মৃত
মানুহৰ টিপ লৈছিল, সেইটো ঘৰতে বিছনাত পৰি ধোবী যন্ত্ৰণাত ছট্ফটাই আছিল। তাইৰ শিতানৰ
ফালে ঘৃত প্ৰদীপ জ্বলি আছিল। চিন্তেই চুই গম্ভীৰভাবে তাইৰ কাষত বহি আছিল।
চিন্তেই
চুইঁৰ মনত অলেখ ভাবনা খেলি গ'ল। সমগ্ৰ জীৱনৰ প্ৰতিটো ঘটনা তেওঁৰ মনত পৰিবলৈ
ধৰিলে। তেওঁ যি কৰিছে তাৰ কেইটা ঠিক আৰু কেইটা ভুল ।
এইজনী
তেওঁৰ জীয়েক, একমাত্র
সন্তান ধোবী। কালি যেন তেওঁৰ নতুনকৈ জন্ম হৈছে। টকা, সোণ, জমিদাৰী, সম্পত্তিৰ বাহিৰে তেওঁ জীৱনত বেলেগ কথা
ভবা নাই। নায়েক ঘৰৰ সম্পত্তি চুই ঘৰৰ সম্পত্তিৰ লগত চামিল কৰিবলৈ তেওঁ কিমান যে
চক্ৰান্ত কৰিলে; কিন্তু
সকলো চক্রান্ত বিফল হ'ল। স্ত্ৰীৰ লগত কাজিয়া কৰি বিধেইক তোলনীয়া পো ল'বলৈ ধোবীক বাধ্য কৰাবলৈ কাকো নজনোৱাকৈ
তেওঁ লৰি আহিছিল। অধিকাংশ সম্পত্তি তাই অপব্যয় কৰিছে, যাক দিবলৈ মন গৈছে তাকে দি দিছে। বাকী
যিখিনি আছে সেইখিনি যদি ৰক্ষা কৰিবপৰা নাযায় কিমান ডাঙৰ আশাৰ পাহাৰ খহি পৰিব!
দুর্গাপুৰত
ভৰি দিয়াৰ লগে লগে হৰি মহান্তিয়ে তেওঁক জনাইছে, ঠাকুৰ মন্দিৰৰ দাসীসকলক এজনী এজনীকৈ
মাতি আনি সুধি বুজিব পাৰিছোঁ, যোৱা নিশা শনেই আহিছিল। ৰাতি নৌপুৱাওঁতেই সি গুচি গৈছে। তাৰ তিতা
বোকা লগা কাপোৰ এতিয়াও বাৰাণ্ডাত পৰি আছে। এইদৰে কৈ সি কথাৰ প্ৰসংগ সলনি কৰি
কৈছে- অলপ জুকিয়াই চালেই ইয়াৰ অৰ্থ ওলাই পৰে। চন্দ্ৰ গ্ৰহণ পূৰ্ণিমাৰ ৰাতিয়ে
হয়।
চিন্তেই
চুইঁয়ে সকলো শুনিছে। খং, লাজত তেওঁৰ মূৰ কটা যোৱাৰ উপক্ৰম হৈছে। ইয়াৰ কাৰণেই তেনেহ'লে ধোবী সিহঁতৰপৰা আঁতৰি আছে নেকি
বাৰু! শনেই তেনেহ'লে এনেকৈয়ে আহি আছে? মানুহে দেখিলে বুলিহে তেওঁ কথাটো জানিব
পাৰিলে, কথাটো
প্ৰকাশ নহ'লে
তেওঁ কেনেকৈ জানিলেহেঁতেন ? শনেই সিদিনা দুৰ্ভিক্ষৰপৰা উভতি আহিছে। অন্নসত্ৰত খোৱাটোৱে ঘৰ-দুৱাৰ
কৰিলে, প্রায়শ্চিত্ত
হ'ল। ইমান সম্পত্তি
শনেই কেনেকৈ কৰিলে ? ক'ত
পালে ইমান ধন?
ধোবীয়ে
দিছে! কিমান লাজৰ কথা। ধোবীয়ে তেওঁৰ মুখত চূণ-কালি সানিলে ? তেওঁৰ গৰ্ব ভাঙিলে, মনুষ্যত্ব জলাঞ্জলি দিলে।
চিন্তেই
চুই মনে মনে বহি থাকিল। চকৰিৰ দৰে তেওঁৰ মূৰ ঘূৰিবলৈ ধৰিলে। কি কৰিব তেওঁ ? উভতি যাব? কিন্তু কলংকতো নুগুচে!
বল্লীয়ে
ক'লে-
আইদেউ সেই কেতিয়াবাৰপৰা ঠাকুৰ ঘৰত পৰি আছে। মাজে মাজে সৰু ল'ৰা-ছোৱালীৰ দৰে কান্দি কান্দি উঠিছে।
ইমান বেলি হ'ল
তথাপি উঠা নাই ।
চুইয়ে
স্থিৰ কৰিলে, ধৈর্যচ্যুত
হৈ, নভবা-নিচিন্তাকৈ
কোনো কাম কৰা উচিত নহ'ব। শত্ৰুই হাঁহিব। ধোবীক আৰু এইখন গাঁৱত মুহূৰ্তৰ বাবেও থাকিবলৈ
দিব নোৱাৰে। ক'লে-
তাই উঠিলে কৈ দিবা, তাইৰ মূৰ ঠিক নাই, মই তাইক নিবলৈ আহিছোঁ। আজি আবেলিয়ে যাব লাগিব।
চুই
মন্দিৰত ৰৈ গ'ল।
প্ৰতিটো মুহূর্তে যেন তেওঁক কোনোবাই মৰিয়াই আছে, এনেকুৱা উপলব্ধি হ'বলৈ ধৰিলে তেওঁৰ। বিধেই কে'বাবাৰো আহি তাক চাই গ'ল। বৰ দেউতাকক সি বৰ
ভয় কৰে। সেয়ে আঁতৰৰপৰাই চাই গুচি যায়। চিন্তেই চুইঁয়ে তাক কাষলৈ
নামাতে।
বল্লী
আহি দুপুৰীয়া খবৰ দিলে- আইদেউৰ বৰ জ্বৰ। গা ইমানেই গৰম যে ধান দিলে খই ফুটিব। চকু
মেলি চোৱা নাই।
চুইয়ে
ভাবিলে, বিষ্ণুপুৰলৈ
নোযোৱাৰ কাৰণেই হয়তো ধোবীয়ে এইদৰে ছলনা কৰিছে; কিন্তু নিজে গৈ নাচালেওতো ভাল দেখা
নাযায়! সেয়ে চিন্তেই চুই ধোবীক চাবলৈ আহিল ।
সঁচাকৈয়ে
জ্বৰ। চুইয়ে মতিলে- ধোবী!
ধোবী
চকু মেলি চালে। ব্যস্তভাবে তাই খাটৰ ওপৰত উঠি বহিল। দেউতাকৰ হাতত ধৰি লোতক ভৰা চকুৰে
চাই সুধিলে- দেউতা, মাৰ কি হৈছে? মই চাবলৈ যাম।
চিন্তেই
চুই চিন্তাত পৰিল। ৰৈ ৰৈ উত্তৰ দিলে- কিবা এটা হৈছে, তোৰ জ্বৰ কমিলে কাইলৈ লৈ যাম বাৰু। বহু
দিন তোক দেখা নাইতো!
ধোবী
মনে মনে থাকিল ।
জ্বৰ
নকমিল। ধোবী তিনিদিন বিছনাত পৰি ছট্ফটাই থাকিল। সকলো খং অভিমান পাহৰি চিন্তেই চুই
মনৰ কথা মনতে গুপুতে ৰাখি জীয়েকৰ সেৱা-শুশ্রূষাত লাগি থাকিল। তিনিদিনৰ দিনা ধোবীৰ
সৰ্বাংগত বসন্তই দেখা দিলে। খুদকণ থ'বলৈ ঠাই নাই। যন্ত্ৰণাত ছটফটাই
দিনে-ৰাতি কান্দি কান্দি তাই দিন পাৰ কৰিবলৈ ধৰিলে। ধোবীৰ অৱস্থা প্ৰত্যক্ষ কৰি নিষ্ঠুৰ
চিন্তেই চুইৰ মন কুমলিল।
ওচৰ-পাঁজৰৰ
গাঁওবোৰতো বসন্ত বিয়পি পৰিল। দূর্গাপুৰত বসন্ত ৰোগত দুই চাৰিজন মানুহ মৰিল।
চিন্তেই চুইঁ হতাশ হৈ পৰিল। ধোবীৰ যদি কিবা হৈ যায়, নায়েক ঘৰৰ সম্পত্তি তেওঁৰ হাতৰপৰা
গুচি যাব। ইফালে সম্পত্তি থাকিলেই বা কি ? যাৰ বাবে সম্পত্তি ৰাখিব খুজিছিল তায়ে
যদি নাথাকে সম্পত্তিৰে কি হ'ব ?
নিজৰ
ভাবনাত চিন্তেই চুই চমকি উঠিল। নায়েক ঘৰৰ সম্পত্তি যে তেওঁ হাত কৰিবলৈ উঠি-পৰি লাগিছে, কিন্তু ভোগ কৰিব কোনে ? মানুহে নিজৰ বাবে সম্পত্তি আৰ্জেনে ? দুবেলা দুমুঠি খোৱা আৰু পিন্ধা কাপোৰৰ
বাহিৰে মানুহৰ অতিৰিক্ত প্রয়োজন কি? সকলো সম্পত্তি, সকলো সঞ্চয় মাথোন জীয়াই থকাৰ বাবে, নিজে বা নিজৰ উত্তৰাধিকাৰীসকলৰ কাৰণে।
চুই বৃদ্ধ হৈ আহিছে, আৰু বা কিমান দিন তেওঁ জীয়াই থাকিব? ধোবী যদি মৰি যায় ?
চিন্তেই
চুইৰ দেহ শীতল হৈ উঠিল। নিধেইৰ ল'ৰাই সম্পত্তি ভোগ কৰিব! বিধেই তাৰ ল'ৰা নহয়, নিধেইয়ো তেওঁৰ নিজৰ মাৰ পেটৰপৰা জন্ম
হোৱা নাই৷
তেজৰ
সোঁত পাতল হৈ আহিছে। পুৰুষৰপৰা পুৰুষলৈ ক্ৰমে আৰু পাতল হৈ গৈ থাকিব। চিন্তেই চুহঁৰ
ভবিষ্যত বংশধৰসকলৰ তেজৰ লগত কিমান নজনা-নুশুনা তেজৰ কণিকা মিহলি হ'ব। হেজাৰ বছৰ পাছত মানৱ জাতি যদি
জীয়াই থাকে, চিন্তেই
চুহঁৰ তেজৰ ল'ৰাক
পৃথিবীৰ বহু তেজৰ ল'ৰাই নিজৰ বুলি দাবী কৰিব।
ধর্ম, বর্ণ, জাতিভেদ যদি থাকে, হেজাৰ বছৰ পাছৰ মানৱ সন্তানে কাৰ ফালে
হাত বঢ়াই নিজৰ পৰিচয় দিব ? নিজকে নিজে চিনিব নোৱাৰিব । ওপৰলৈ নাচাই নিজৰ চাৰিওফালে দৃষ্টি
বুলাব। কৈ উঠিব, মানুহৰ
সন্তান আটায়ে মোৰ দেউতা, আটায়ে মোৰ সন্তান! মই মানৱ সন্তান। এই সৰু ঘূৰণীয়া পৃথিবীখন মোৰ
ঘৰ। এই ঘৰৰ সকলো মোৰ— মই মানৱ সন্তানৰ, মই পিতৃ মানৱ সন্তানৰ, মোৰ সন্তানৰ। আটায়ে ভোগ কৰিব, আটায়ে জীয়াই থাকিব।
চিন্তেই
চুই ভবিবলৈ ধৰিলে, তেওঁ ভুল কৰিছে। নায়েক ঘৰৰ সম্পত্তিৰ লোভ ত্যাগ কৰি, পড়িৰা বংশৰ প্ৰতি আক্রোশ পাহৰি, ধোবীক শনেইৰ লগত বিয়া দিয়া উচিত
আছিল। এনেকুৱা কৰিলে অশান্তি নহ'লহেঁতেন ।
ধোবীয়ে
হাতখন দাঙিবলৈ গৈ যন্ত্ৰণাত কেঁকাই উঠিল। চুইৰ ভাবনাৰ আঁত
চিঙি গ'ল।
তেওঁ আথেবেথে মাতিলে- ধোবী!
ধোবীয়ে
সঁহাৰি দিলে- ওঁ
ধোবী
সিকাতি হৈ শুলে। কোনো উত্তৰ নিদিলে।
চুই
নিঃসহায়ভাবে চাৰিওফালে চকু ফুৰাবলৈ ধৰিলে। আজিলৈকে নিধেইৰ ওচৰলৈ খবৰ পঠোৱা হোৱা
নাই। খবৰ পালেই ধোবীৰ মাক লৰি আহিব। অহাটোও দৰ্কাৰ। নাহিলে ধোবীৰ
শুশ্রূষা কৰিব কোনে ?
পাছদিনা
ৰাতিপুৱা চিন্তেই চুই চিঠি লেখি বিষ্ণুপুৰলৈ মানুহ পঠালে। চিঠি পাই ধোবীৰ মাকক
লগতলৈ নিধেই দুৰ্গাপুৰলৈ আহিল। চিন্তেই চুইয়ে নিধেইক বিষ্ণুপুৰলৈ উভতি যোৱাৰ বাবে
নিৰ্দ্দেশ দিলে৷ ল'ৰা মানুহ। বসন্ত উঠা ঘৰত থকাটো ঠিক নহ'ব। কিন্তু চিন্তেই চুইৰ নিৰ্দ্দেশ
নামনি নিধেই দূর্গাপুৰতে থাকি গ'ল।
.x x x
পাঁচদিন
ইফালে-সিফালে ঘূৰি-পকি নতুন আদৰ্শলৈ শনেই ঘৰলৈ উভতি আহিল। তেতিয়া
সন্ধিয়া। ৰহিম নঙলামুখত থিয় হৈ কহঁ পাগলীৰ কথা ভাবি আছিল। প্ৰত্যেক দিন তাই আহি
কাজিয়া কৰে। বাধা অগ্রাহ্য কৰি ঘৰৰ ভিতৰলৈ সোমাই যায়। মুখত সেই একেটাই কথা, এইখন মোৰ ঘৰ, শনেই মোৰ দৰা। বহু কৈ-মেলি খোৱাই-বোৱাই
তাইক বিদায় কৰিব লাগে।
শনেইক
দূৰৈত দেখিয়ে ৰহিম অস্থিৰভাবে তাৰ ওচৰলৈ লৰি আহিল। পঞ্চমীৰ জোনৰ মৃদু মন্দ হাঁহি
থকা পোহৰৰ দৰে শনেইৰ মুখমণ্ডল উজলি উঠিল। ধীৰ মলয়ৰ কোমল
পৰশত ৰোমাঞ্চিত হৈ উঠিল তাৰ দেহ। নতুন সংকল্পৰ পুলক আৰু উন্মাদনাৰ জোৱাৰ উঠিল তাৰ
দেহত।
ৰহিমৰ
দুচকুৰ পৰা নিগৰিপৰা লোতক শনেই লক্ষ্য নকৰিলে। বাষ্পাকুল কণ্ঠত
ৰহিমে সুধিলে-
এই কেইদিন ক'ত
আছিলা, ককাইউে
?
ৰহিমে প্রণাম কৰিবলৈ পাহৰি গ'ল। মনৰ মাজৰপৰা শনেইৰ হাত ধৰিবলৈ ইংগিত
কৰিলে যদিও ভৰিয়ে তাক আগবাঢ়িবলৈ নিদিলে।
সি
বিধর্মী পাঠান সন্তান। এই দেশতে জন্ম লৈছে যদিও তাৰ ভায়েক-বন্ধুসকলে চাই থাকে সুদূৰ পশ্চিমৰ
মৰুভূমিৰ ফালে। সঁচাকৈয়ে বাৰু সি তাৰপৰা আহিছে নেকি ? এই মাটিৰ মানুহ হৈয়ো সিহঁত সঁচাকৈয়ে
পৰদেশী নেকি ? শনেইৰ
ভায়েক-বন্ধুসকলেও ৰহিমক দূৰতে ৰাখে, যেন সি এই দেশমাতৃৰ কোলাৰ সন্তান নহয়৷
ধৰ্ম
পৰিৱৰ্ত্তন কৰিলেও মানুহৰ তেজৰ পৰিৱৰ্ত্তন নহয়। মানুহৰ পিতৃ-মাতৃ, পূৰ্বপুৰুষৰ পৰিৱৰ্ত্তন নহয়। ৰুচি
পৰিৱৰ্ত্তন হ'লে, খাদ্য পৰিৱৰ্ত্তন হ'লে, মানৱ সন্তান পশুলৈ পৰিৱৰ্ত্তন নহয়, মাকৰ পেটৰ ভায়েক শত্ৰু নহয়, ঘৃণিত নহয়।
ৰহিমক
অস্পৃশ্য কৰিছে, আঁতৰত
ৰাখিছে, এই
শনেই! ৰহিম আঁতৰত থাকি নিজকে সৰু, ঘৃণ্য, বিদেশী বুলি ভাবিছে। একেটা ঘৰৰ তলত থাকিও বিদেশী!
ক'ত আছিলা, ককাইদেউ ?
শনেই
ৰহিমৰ হাত ধৰিলে। তাৰ পিঠিত চপৰিয়াই ক'লে- মই বাট হেৰুৱাইছিলোঁ, পুনৰ বাট পাই উভতি আহিছোঁ। ব'ল, ঘৰলৈ ব'ল।
দুয়ো
ঘৰলৈ আহিল।
ৰাতি
—
আটাইৰে
কাঁহীত ভাত বঢ়া হৈছে। শনেই জেদ ধৰি বহিল যে, ৰহিম তাৰ লগত বহি খাব লাগিব। ৰহিমে প্ৰতিবাদ
কৰি ক'লে-
নাই নাই, ককাইদেউ, তোমাৰ জাতি যাব, ধর্ম যাব, মানুহে তোমাক ঘৃণা কৰিব, এয়া তুমি কি কৰিছা, তুমি বলিয়া হ'লা নেকি ?
মই
বলিয়া আছিলোঁ, ৰহিম।
এতিয়া মোৰ ৰোগ ভাল হৈছে। এই চালৰ তলত যিয়ে আহি আশ্ৰয় ল'ব, আটায়ে একেলগে বহি খাব লাগিব । এইখন সকলোৰে ঘৰ।
ইয়াত জাতিভেদ, ধর্মভেদ, বর্ণভেদ নাথাকিব। আটায়ে দেহৰ ঘাম
সৰাই পৰিশ্ৰম কৰিব। আই ধৰিত্ৰীৰ বুকু ফালি খাদ্য বাহিৰ কৰিব। সেই খাদ্য সকলোৱে গ্ৰহণ কৰিব। কোনেও কাৰো ধৰ্মৰ
ওপৰত, ৰুচিৰ
ওপৰত বাধাৰোপ নকৰিব। জগতৰ মানুহে যাক ঘৃণা কৰি, গোৰ মাৰি দূৰলৈ ঠেলি দিব, সিয়ে আহি ইয়াত আশ্ৰয় ল'ব। এই পঁজাঘৰৰ তলত আমি নতুন পৃথিবী
গঢ়িম, নতুন
সমাজ গঢ়িম— মানৱ
সমাজ।
আশ্চৰ্যহৈ
ৰহিমে শনেইৰ মুখলৈ চাই থাকিল।
শনেই
ক'লে-
থিয় দি থাকিলি কিয়, ৰহিম?
যন্ত্ৰচালিতৰ
দৰে ৰহিম শনেইৰ কাষত বহিল। ভাতৰ কাঁহীৰ কাষত দুফোঁটা চকুলো নিগৰি পৰিল। প্ৰথম গৰাহ
ভাত শনেই নিজৰ হাতেৰে ৰহিমৰ মুখত তুলি দিলে। আত্মাৰ উল্লাস, মনৰ জোৱাৰৰ উন্মাদনাত শনেইৰ দুচকু মুদ
খাই গ'ল। অতি উল্লসিত
কণ্ঠত শনেই ক'লে-
খা, মোৰ
সহোদৰ ভাই, তোৰ
মুখত আহাৰ দিলেই মোৰ পেট ভৰি যাব।
ৰহিমৰ
মুখত ভাত তুলি দি শনেই নিশ্চিন্ত হ'ল। ৰহিমে নিজৰ ভাত গৰাহ তুলি দিলে
শনেইৰ মুখত। ক'লে-
শনেই ককাই, তোমাৰ
মুখত মই নিজ হাতেৰে ভাত নিদিলে মোৰ পেটলৈ আৰু দানা-পানী নাযাব।
শনেই
‘হা’ কৰি মুখ আগবঢ়ালে।
x x x
প্ৰথম
উৎসৱ।
মন্দিৰৰ
কাষত গাঁৱৰ ডেকাসকলে হা-ডু-ডু খেল খেলিব। দুপৰীয়াৰ পৰাই
গাঁৱৰ মানুহৰ আনন্দৰ সীমা নাই। মন্দিৰৰ বাৰাণ্ডাত বহি ৰাম পহৰাজ আৰু কেইজনমানে
পাশা খেলি আছিল। হর্ষধ্বনিত গাঁৱৰ মাটি কঁপিছে। খেলত যোগদান
কৰিবলৈ চিন্তেই চুই অহা নাই। সি থাকিলে আৰু স্ফুৰ্তি হ'লহেঁতেন। আগতে ভোজভাত খোৱাৰ প্ৰস্তাৱ
আছিল; কিন্তু
চুই নথকাৰ কাৰণে নহ'ল।
কই
পাগলী আহি তাত উপস্থিত হ'ল।
এইখন
গাঁৱৰে জীয়েক তাই। গাধেই ৰাউতৰ বংশত তাইৰ জন্ম। এই ঠাকুৰ মন্দিৰৰ ধূলি-বালিত ওমলি-জামলিয়ে
তাই ডাঙৰ-দীঘল হৈছে। পেটৰ দায়ত তায়ো দেউতাকৰ হাতত ধৰি গাঁৱৰ মাটিৰ
মায়া এৰি বাটলৈ ওলাই গৈছিল। ভোকৰ তাড়নাত তাইৰ চকুৰ আগতে দেউতাকৰ মৃত্যু হৈছে।
দুৰ্ভিক্ষৰ
কবলৰপৰা, মৃত্যুৰ
কোলাৰপৰা কেনেকৈ তাই নিজক বচাই উভতি আহিছে, কেনেকৈ তাইৰ কোলালৈ আনিছে নাৰীৰ গৰ্ব, মাতৃত্বৰ সন্মান শিশুপুত্ৰ, এইবোৰ এতিয়া তাইৰ একো মনত নাই। মনত
আছে সেই শিশু সন্তানটোক, যাক বুকুত সাৱটি ধৰি ক্লিষ্ট দেহৰ তেজ খোৱাই ঘৰে ঘৰে ভিক্ষা মাগি
ফুৰিছে। ভিক্ষা মাগিছে নিজৰ জীৱনৰ বাবে, শিশু সন্তানটোৰ জীৱনৰ বাবে। কাৰো ঘৰত
আশ্ৰয় পোৱা নাই, কাৰো মুখৰপৰা এষাৰ মিঠা মাত শুনা নাই। বহুতে তাইৰ শৰণ
পাইছে; কিন্তু
তাই কাৰো শৰণ পোৱা নাই। মানুহৰ অনাদৰ, কটু কথা গা সহা হৈ পৰিছিল তাইৰ। সেইবোৰ
কথা আজি তাইৰ মনত নাই।
ইমান
কষ্ট, ইমান
দুঃখ তাইৰ ব্যৰ্থ হ'ল। মাকৰ বুকুত শিশুপুত্ৰই প্ৰাণ ত্যাগ কৰিলে। বুকুত চপৰিয়াই চপৰিয়াই
তাই কান্দিলে, কিন্তু
কোনেও তাইৰ শিশুপুত্ৰৰ জীৱন ওভতাই নিদিলে। শ্মশান ভূমিত শিশুৰ মৃত দেহ শুৱাই থৈ
তাই পাগলী হ'ল।
সময়ত তাইৰ কান্দোন বন্ধ হ'ল। তাই হাঁহিলে, হাঁহি হাঁহি তাই অভিশাপ দিলে মনুষ্য জাতিক- তোমালোক আটায়ে মৰিবা, আটায়ে শ্মশান ভূমিত শুই পৰিবা।
কঁই
হাঁহে। শিশুপুত্ৰলৈ মনত পৰে। কঁই পুনৰ কান্দে। যাক লগ পায় তাৰ আগতে দুখৰ কথা বিৱৰি কয়। এজন এজনকৈ গাঁৱৰ
প্ৰায় প্ৰত্যেকৰ ওচৰত তাই মনৰ দুখৰ কথা বিৱৰি কৈছে। কোনোবাই মুখেৰে চোঁ চোঁ কৰিছে
যদিও সকলোৰে পৰা তাই পাইছে ঘৃণা, অনাদৰ, পৰিহাস। তাই বাপেকৰ এৰাবাৰীত বহি কান্দিছে, পুনৰ হাঁহিছে। বনেই পড়িৰাৰ ভেটিত
দেখিছে নতুন ঘৰ, আগতকৈও
ডাঙৰ সুন্দৰ ঘৰ। বনেই পড়িৰাৰ ভেটিত নতুন ঘৰ দেখি তাইৰ অতীত আশা সজীৱ হৈ উঠিছে। তাইৰ চকুত ভাহি
উঠিছে তাই শনেই পড়িৰাৰ গৃহিণী। শনেই তাইৰ দৰা, এইখনে তাইৰ ঘৰ।
ঘৰৰ
ভিতৰত প্ৰবেশ কৰাৰ অধিকাৰ তাইৰ নাই। কোনে যেন ঘৰৰ ভিতৰলৈ প্ৰবেশ কৰিবলৈ তাইক বাধাৰোপ
কৰে, পুনৰ
খাবলৈ দি বিদায় কৰে। কঁই চিঞৰি চিঞৰি উভতি আহে- শনেই তাইৰ দৰা, শনেই কি কাৰণত তাইক এৰি গুচি গ'ল, কি কাৰণত তাইৰ পুতেক মৰিল?
গাঁৱৰ
মানুহে আচৰিত হৈ কঁই পাগলীৰ কথা শুনে, খোলা-খুলিকৈ বহু কথা সোধে। কঁই পাগলীৰ
মাথোন এষাৰ কথাই যে, শনেই তাইৰ দৰা, সি তাইক ত্যাগ কৰিছে, তাইৰ ল'ৰা সন্তানটো খাদ্যৰ অভাৱত মৰিছে।
শনেই
এইবোৰ কথা কেতিয়াও কাকো কোৱা নাই ।
মানুহবোৰে
নিজৰ ভিতৰত আলোচনা কৰে। পাগলী বুলি বহুতে তাইৰ কথা হাঁহি উৰুৱাই দিয়ে। কিছুমানে আকৌ
গম্ভীৰভাবে কয়-
ঘৰিয়াল তপস্বী এই সংসাৰত বহু আছে। নৰ মায়া নাৰায়ণৰে অগোচৰ। বিনা জুইত ধোঁৱা
ওলায়নে ? কই
আচলতে পাগলী নহয়, বহু ভাল ভাল কথা কয় তাই।
দেউতাকৰ
বয়সৰ ৰাম পহৰাজে পাশা খেলিবলৈ এৰি অন্যমনস্কভাবে কৈ উঠিল- কই পাগলী আছিল ঠিকেই, কিন্তু এতিয়া তাই পাগলী নহয় । হেৰা কঁই, কোন তোৰ দৰা, কোন তোৰ ল'ৰাৰ বাপেক ?
গাঁৱৰ
ল'ৰাবোৰে
হা-ডু-ডু খেল বন্ধ কৰি কঁইৰ ফালে চালে। হাঁহিৰ ৰোল উঠিল। নানা জনে নানা
কথা সুধিলে, কিন্ত
কঁই তাইৰ নিজৰ কথা কৈ যাবলৈ ধৰিলে। কথাৰ ছেদ ক'ত পৰে, আকৌ ক'ৰপৰা আৰম্ভ কৰে তাৰ একো ঠিকনা নাই ।
উদি
চাহুই ক'লে-
হেৰা কঁই, তোৰ
দৰা শনেই পড়িৰা আহিছে। তই ইয়াত ৰৈ আছ কিয়? যা যা, তাৰ ঘৰলৈ, ভালদৰে থাকিব পাৰিবি।
কঁই
পাগলীৰ কথা বন্ধ হ'ল। তাই কেউফালে দৃষ্টি বুলালে। কিন্তু শনেই পড়িৰাক নেদেখিলে ।
তাইৰ
উদ্দেশ্য বুজিব পাৰি উদি চাহুই ক'লে- সি ঘৰতে আছে, তাৰ ঘৰলৈ যা।
কঁই
যাবলৈ ওলাল শনেইৰ ঘৰলৈ। তাই বাটে বাটে কৈ আহিল- শনেই মোৰ দৰা, মোৰ ল'ৰাটোক সিয়ে মাৰিছে, সিয়ে মাৰিছে, শনেই মোৰ দৰা .....
কঁই
গুচি আহিল। গাঁৱৰ ল'ৰাবোৰে পুনৰ হা-ডু-ডু খেলি ধূলি উৰুৱালে। পহৰাজে পাশাৰ
কাঠি মাৰি ক'লে-
ষোল্ল ।
আজি
উৎসৱৰ প্ৰথম দিন।
x x x
শনেই
পুনৰ কামত মন-প্রাণ সঁপি দিলে। ৰহিম তাৰ সোঁহাত। ছাঁৰ দৰে সি শনেইৰ কাষে কাষে
থাকে। দুয়ো দিহা-পৰামৰ্শ কৰি কাম কৰে। হাল বাই ক্লান্ত হৈ শনেই বিলৰ মাজত থিয়
দিয়ে। ৰহিম লাহে লাহে তাৰ কাষলৈ আহে। শনেই কপালৰ ঘাম মচে। ৰহিমে কয়- তুমি যোৱা
ককাইদেউ, মই
হাল ধৰোঁগৈ।
শনেই
কয়- ৰ' ৰ’, আলতীয়া মাটিৰ চহটো মই দি দিছোঁ। মাটি
নৰম হ'লে
তই হাল ধৰিবি।
সন্ধিয়া
হয়। দুয়ো ঘৰলৈ আহে। হাল এৰি দি অলসভাবে বাৰাণ্ডাত বহি পৰে। মৃদু মন্দ বতাহত
শৰীৰৰ ঘাম শুকায়। ক্লান্ত চকুৰ পতা মুদ খাই আহে। শনেই কয়- হেৰ' ৰহিম। আমি যদি দূৰণিৰ গাঁৱৰ ক'ৰবাত মৰি থাকিলোঁহেঁতেন, আমাৰ হাড় মঙহৰ আজি চিহ্ন-বর্ণও
নাথাকিলহেঁতেন। জগতৰ কোনেও আমাৰ কথা নাভাবিলেহেঁতেন। আমি জীয়াই থকাটোৱে আচৰিত!
আমি
মৰিছোঁ, শনেই
ককাই।
শনেই
ক'লে-
যিসকল অনাথ, যিসকলক
সমাজ, ধর্মই
ত্যাগ কৰিছে, যিসকলে
মানুহ হৈ জীয়াই থাকিব বিচাৰিছে, সিহঁতেই আমাৰ এইখন ঘৰত থাকিব। এইখন ঘৰ তাৰ, যিজনে এইখন ঘৰৰ আটাইৰে কাৰণে দেহৰ ঘাম
সৰাই পৰিশ্ৰম কৰিব। নিজৰ তেজ নিজে খাই যিজন জীয়াই থাকিব। এইখন ঘৰত ধৰ্মভেদ
নাথাকিব, জাতিভেদ
নাথাকিব। এইখন ঘৰ হ'ব মানুহৰ ঘৰ, দিন মজদুৰৰ ঘৰ, কেও-কিছু নথকাজনৰ ঘৰ। নিজৰ তৃপ্তিৰ বাবে সকলোৱে দেৱতা পূঁজিব পাৰিব, কিন্তু কোনেও কাৰো ৰুটিত বাধাৰোপ কৰিব
নোৱাৰিব। সকলোৱে শক্তি অনুসৰি কাম কৰিব। যি উপাৰ্জন কৰিব
আটায়ে সমানে ভগাই খাব।
ৰহিমে
ক'লে-
ভাল কথা শনেই ককাই, যিজন অনাথে ইয়ালৈ নাহক কিয় আমি তাৰ সেৱা কৰিম।
শনেই
ক'লে-
এয়াই আমাৰ জীৱনৰ ব্ৰত হওঁক।
কিন্তু
কোনেও শনেইৰ মুক্ত ঘৰত থাকিবলৈ মান্তি নহ'ল। পাঠান সন্তান ৰহিমে য'ত ভাত ৰান্ধে, পাণৰ সন্তান বিশিয়াই য'ত পানী দিয়ে, মচলা পিহে আৰু প্ৰধানে য'ত তিনিটা পাতত উচৰা-ওচৰিকৈ ভাত বাঢ়ে, বাহিৰৰ দীন ভিখাৰীয়েও তাত থাকিবলৈ
নিবিচাৰে।
ভৰথিয়া, জাতত মুচি। দিন হাজিৰা কৰি তিনিটা
প্ৰাণী পোহে। ৰাউতৰ ঘৰত নাৰিকল পাৰিবলৈ গৈ গছৰপৰা পৰি গ'ল। জীউটো অৱশ্যে বাচিল। ছমাহ কাল
বিছনাত পৰি থাকি যেতিয়া উঠি বহিল, দেখিলে, কঁকাল ভঙা। পোন হৈ থিয় হ'ব নোৱাৰে। দুহাতত বল নাই। লাঠি ধৰি
কুঁজা হৈ খোজ কাঢ়িবলৈ গ'লেও শৰীৰ থৰ থৰকৈ কঁপে। খাবলৈ নাপাই বুঢ়ী মৰিল। ল'ৰা এজন আছিল, অকর্মণ্য মানুহক আৰু কিমান দিন পুহিব!
এদিন সি ভৰথিয়াক এৰি থৈ গুচি গ'ল। ভৰথিয়াৰ উপায় কি ?
ৰাউতৰ
ঘৰলৈ গ'ল, দুই চাৰিদিন খাবলৈ পিবলৈ দিলে, কিন্তু সদায় কোনে খাবলৈ দিব? ৰাউতে নাৰিকল গছৰপৰা আধি হিচাপে নাৰিকল
পাৰিবলৈ দিছিল। তাকতো এনেয়ে পাৰিবলৈ কোৱা নাছিল ? তেনেহ'লে তাৰ দোষ কি? ভাতৰ ফেন খুজিবলৈ গ'লে ৰাউতানীয়ে আতৰৰপৰাই খেদি পঠিয়াবলৈ
ধৰিলে ।
ভৰথিয়া
অক্ষম, অকর্মণ্য
লাঠি লৈ থৰক-বৰককৈ খোজ কাঢ়ে, ভিক্ষা মাগে। বহু ঠাইত ঘূৰি-পকি অৱশেষত সি বিষ্ণুপুৰত উপস্থিত হ'ল।
ৰহিমে
তাক ঘৰলৈ মাতি আনিলে। শনেইক সি সকলো কথা ভাঙি-পাতি কৈ শেষত ক'লে- শনেই ককাই, ভৰথিয়াই গছৰ তলত বহি আমাৰ বাৰী ৰখি
থাকিব পাৰিব। গৰু-ছাগলীয়ে ফচল নষ্ট কৰিব নোৱাৰিব। আমি কামলৈ বুলি ওলাই গ'লে ভৰথিয়াই ঘৰখনো পহৰা দিব পাৰিব।
তই
ঠিকেই কৈছ, ৰহিম।
আজিৰপৰা ভৰথিয়া ইয়াতে থাকিব। এইখন তাৰ ঘৰ হ'ব। সি আমাৰ ভৰথ দাদা। মানুহে দুই
চাৰিটা কথা ক'বতো!
সেইবোৰ আমাৰ বাবে আশীৰ্বাদ হ'ব।
ভৰথ
শনেইৰ ঘৰত আশ্ৰয় পালে। দুদিনমানৰ ভিতৰতে বুজিব পাৰিলে যে, এইখন ঘৰত জাতিভেদ নাই। হিন্দু, পাঠান, পাণ একেটা পাততে খায়। কি পাপৰ ফলত যে
আজি তাৰ এই অৱস্থা!
পুনৰ সি পাপ কৰিব নেকি ? যি হ'বৰ হ'ল। বাটে-ঘাটে গছৰ তলত পৰি প্ৰাণ যায় যদি যাওঁক, তথাপি সি ইয়াত নাথাকে ।
শনেই
বহুত বুজালে-বঢ়ালে- হেৰা ভৰথ দাদা, মানুহ জাতিত মাথোন এটা, সেয়া হ'ল মানৱ জাতি, ধৰ্মও এটাই, জীয়াই থকাটোৱে হৈছে মানুহৰ ধৰ্ম।
অৱশেষত
শনেইৰ কথা মানি ভৰথিয়া আনন্দ মনেৰেই থাকি গ'ল।
কাশী
বেজেও তাৰ কথা মানিলে । তাৰ খহু আছিল। সেৱা-শুশ্রূষা কৰি শনেই তাৰ খহু ভাল কৰিলে।
তাক সোঁচৰা বেমাৰ বসন্তই ধৰিছিল। যুৱক বয়সত দৃষ্টি শক্তি হেৰুৱাই সি ঘৰে ঘৰে
ভিক্ষা মাগি ফুৰিছিল।
যোহন
বুঢ়া আহিল। দুৰ্ভিক্ষৰ সময়ত তাৰ পৰিয়ালৰ আটায়ে মৰি-হজি গৈছে। জমিদাৰে দুখীয়াৰ
মাটি নীলাম কৰি নিলে। ষাঠি বছৰীয়া বুঢ়া ঘৰৰপৰা ওলাই আহিল। সিয়ো শনেইৰ নতুন
সংসাৰত আশ্ৰয় পালে।
শেষত
আহিল কঁই পাগলী। হাঁহিলে, কান্দিলে অভিমান কৰিলে। শেষত ক'লে- তুমি মোৰ দৰা, শনেই ককাই।
শনেই
সকলো শুনিলে। সহানুভূতিত তাৰ হৃদয় পমি গ'ল। সঁচাকৈয়েতো সময়ে যদি প্ৰতাৰণা
নকৰিলেহেঁতেন, বনেই
পড়িৰাই কঁইকে কৰিলেহেঁতেন কুলৰ লখিমী, এইখন ঘৰৰ গৃহিণী। কঁই কি কাৰণত ঘৰৰ
বাহিৰ হৈছে, কাৰ
সন্তান কোলালৈ আনি পুনৰ হেৰুৱাই বলিয়াৰ দৰে বিচাৰি ফুৰিছে ?
শনেই
ক'লে-
এৰা কঁই, এইখনেই
তোৰ ঘৰ। তই ইয়াতে থাক। এই যোহন খুৰা তোৰ শহুৰেক, কাশী বেজ, ভৰথ সামল তোৰ দুই পুত্র। এই ৰহিম তোৰ
সহোদৰ ভায়েক। আৰু মই, মইতো তোৰ দৰা। ইয়াতে থাক কঁই, আমাৰ লগত। এইখনতো তোৰেই ঘৰ। চাৰিওফালে
যি দেখিছ, সকলো
তোৰ। আমি যি উপাৰ্জন কৰিম, তোৰ ওচৰতে জমা থ'ম। তোৰ হাতেৰে ৰান্ধি-বাঢ়ি আমাক মাথোন এমুঠি খাবলৈ দিবি। নোৱাৰিবনে ?
কঁইয়ে তীক্ষ্ণ দৃষ্টিৰে সকলোৰে ফালে চালে। শনেইৰ হাঁহিমুৱা মুখলৈ চাই
ক'লে
তাই- এই সকল কোন ? বনেই খুৰা ক'ত ? মোৰ খুৰী ক'ত ? মনিয়া, পুণি, কুনি ক'ত ?
শনেইৰ
চকুত চকুপানী ওলাল। কঁইক দেখি তাৰ ধাৰণা হ'ল, যেন আটায়ে উভতি আহিছে। সময়ৰ চকৰি যেন
ওলটা দিশত ঘুৰিছে। আঁখিপটত ভাহি উঠিল অতীতৰ কিছুমান দৃশ্য। কঁইৰ মূৰত হাত ফুৰাই
তাৰ দেউতাকে যেন ক’লে- “নেকান্দিবি, এইজনীয়ে তোৰ আই।” কঁইৰ মাকৰ মৃত্যুৰ পাছত শনেইৰ মাকক দেখুৱাই কঁইক এইদৰে কৈছিল বনেই
পড়িৰাই।
তাৰ
পাছত সকলো ওলট-পালট হৈ গ'ল।
আজি
কই পাগলী হৈ তাৰ সন্মুখত থিয় হৈ আছে. সমাজে তাইক ত্যাগ কৰিছে। তাই অস্পৃশ্য, অজাতি, পতিতা। ব্রাহ্মণ ভোজন, প্রায়শ্চিত্ত, জ্ঞাতি-কুটুম্ব ভোজন অবিহনে তাই আৰু
কুললৈ উভতি আহিব নোৱাৰে। কঁই পাগলী হৈ ভিক্ষা মাগি ফুৰিব লাগিব, গছৰ তলত আশ্ৰয় ল'ব লাগিব। বেজাৰ-আজাৰ হৈ তাই অকালতে
মৰিব লাগিব। মৃত্যুৰ পাছত তাইৰ দেহ মানুহে স্পৰ্শ নকৰিব। কাৰণ তাই অপবিত্ৰা, অস্পৃশ্যা, অজাতি, পতিতা। শিয়াল কুকুৰে ফালি-ছিৰি খাব
তাইৰ দেহ।
এইজনীয়ে
সেই কঁই, যিজনী
তাৰ সন্মুখত থিয় দি আছে।
ফুৰফুৰকৈ
উৰিছে তাইৰ অবিন্যস্ত চুলি। কোঠৰাগত চকু, গাল। বুকুৰ হাড় গণিবপৰা ধৰণে ওলাই
আছে। সৰু সৰু হাত দুখন। পিন্ধোনত চিঙা মলিয়ন কাপোৰ। পৃথিবীৰ কোটি কোটি জীৱিত
মানুহৰ ভিতৰত কঁইও এজনী।
আন
আন মানৱ সন্তান যেনেকৈ জন্ম গ্ৰহণ কৰে, কঁইৰো তেনেকৈ জন্ম হৈছিল। আইৰ বুকুৰ ৰস
চুহি খাইছিল। ধৰিত্ৰী মাতাৰ কোটি কোটি মানব সন্তানৰ ভিতৰত কঁইকো এজন বুলি
গণ্য কৰা হৈছিল ৷
কঁই
দুখীয়া, দুর্ভিক্ষত
পৰি, ৰোগত
আক্ৰান্ত হৈ তাই সমাজৰ পৰা বিচ্ছিন্ন। গোহালি ঘৰতো তাইৰ আশ্ৰয় পোৱাৰ অধিকাৰ নাই।
ভঁৰালত সোমাই নিগনিয়ে যি খাবলৈ পায়, সেইখিনি খাবলৈও তাইৰ সাহস নাই, কাৰণ তাই পতিতা।
শনেইৰ
বুকুৰ ভিতৰত মোচড় দি উঠিল। ক'লে- কঁই, সিহঁত, আটায়ে মৰিল, যেনেকৈ মৰিছে তোৰ দেউতাৰ, যেনেকৈ মৰিছে তোৰ কোলাৰ সন্তান। সেইবোৰ
এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। এই পৃথিবীত জানো পিতৃ-মাতৃ, ভাই-ভনী, বন্ধু-বান্ধৱৰ অভাৱ আছে ? যোহন খুৰা, কাশী, ভৰথ, ৰহিমলৈ চোৱা, আটায়ে আমাৰ সন্তান। কঁই, এইখনে তোৰ ঘৰ। এওঁলোকৰ সেৱা কৰ, সুখেৰে আনন্দৰে থাক।
কঁই
পাগলীৰ সকলো কথা মনত পৰি গ'ল। অতীতৰ ঘটনাবোৰ তাইৰ চকুৰ আগত জলজল পটপটকৈ জিলিকি উঠিল। খন্তেকৰ
বাবে তাইৰ বলিয়ালি গুচিল, দুচকুৰে দুধাৰি লোতকৰ সোঁত বৈ আহিল। ক'লে- শনেই ককাই, জীয়াই থাকি কি হ'ব?
শনেই
ক'লে-
মানুহ জীয়াই থাকে জীয়াই থাকিবৰ কাৰণে, আমিও তেনেকৈ জীয়াই থাকিম। হেৰ' ৰহিম, লৈ যা, এওঁক ঘৰৰ ভিতৰলৈ লৈ যা। আজিৰপৰা এওঁ হ'ল তোৰ কঁই বাইদেউ।
ৰহিমে
কইঁৰ হাতত ধৰি ক'লে- আহা কঁই বাইদেউ, এইখনেই তোমাৰ ঘৰ। এই চাবিটো তুমি ৰাখা। যোহন খুৰাক সুধি
সকলো কাম কৰিবা।
যোহনে
ক'লে-
আহ আই কঁই, এইখন
হ'ল
ভগবানৰ ঘৰ। আমি তোৰ সন্তান। আমাৰ মুখত আহাৰ দি তই আমাৰ
জীৱন বচাবি।
পাগলী
কঁই সকলোৰে মুখলৈ একেথৰে চাই ৰ'ল। পৃথিবীৰ বাহিৰত এই পড়িৰা বংশৰ ঘৰ! পৃথিবীৰ য'লৈকে গৈছে, সকলোৱে তাইক গালি- শপনি পাৰিছে, মাৰধৰ কৰিছে। কাৰো মুখৰপৰা এফাকি মিঠা
কথা তাই শুনা নাই। ইয়াত সকলোৱে তাইক আদৰ-স্নেহ কৰিছে, ঘৰত থাকিবলৈ নিমন্ত্ৰণ জনাইছে। কঁই আচৰিত হৈ ৰহিমৰ
হাতত ধৰি ঘৰৰ ভিতৰলৈ সোমাই আহিল।
আৰু
বহুত পতিত আৰু অনাথ আহিল। সিহঁতক শনেই বুজালে যদিও সিহঁতে নামানিলে। দেহ নষ্ট কৰিব? অধর্ম পাপ কৰিব? যিখন ঘৰত জাতি-ধৰ্ম, ভাল-বেয়াৰ ভেদাভেদ নাই, সেইখন ঘৰত আশ্ৰয় ল'ব?
সিহঁতে
আশা পালি আছে পুনৰ সিহঁতৰ কপাল ফুলিব, সময় সলনি হ'ব। আজি ভিক্ষা মাগিছে, কাইলৈ পুনৰ ধন-সম্পত্তি হ'ব। কূলত উঠিব, সমাজৰ লগত মিলি যাব। পিতৃ-ককাকহঁতে
যেনেকৈ ঘৰ সংসাৰ কৰিছিল, সিহঁতেও তেনেকৈ ঘৰ সংসাৰ কৰিব। সিহঁতে নোৱাৰিলেও সিহঁতৰ পো- নাতিহঁতে
ধন অৰ্জন কৰি ডাঙৰ মানুহ হ'ব। মাটি কিনিব, জমিদাৰী কিনিব, ঘৰ-দুৱাৰ কৰিব। দেশত সুখ্যাতি হ'ব, পিতৃ-ককাকহঁতৰ আত্মাই স্বৰ্গৰপৰা চাই
আনন্দ লভিব।
সিহঁতে
শনেইৰ সবঘট দিবাকৰৰ ঘৰত থাকি কেনেকৈ কাম কৰি পেট পুহিব? তাতকৈ ভিক্ষাৰ চাউল বিক্ৰী কৰি দুপইচা
কঁকালত গুজিব, যিখিনিক
উদ্দেশ্য কৰি সিহঁতে গৰ্ব কৰাৰ স্বাধীনতা থাকিব। সেইবোৰ এৰি কেনেকৈ ক'ব, আমাৰ, সকলো আমাৰ; এই বিশাল পৃথিবী, এই অনন্ত আকাশৰ তলৰ সকলো আমাৰ, বিৰাট মনুষ্য জাতিও আমাৰ!
সিহঁত
কর্ম দোষতহে ভিক্ষাৰী হৈছে; কিন্তু সিহঁত বলিয়া নহয়। সিহঁত উভতি গ'ল। শনেই এইবোৰ কথা ভাবে, নির্বোধ কোন, কোনে ঠিক কৰিছে, কোনে ভুল কৰিছে?
x x x
দেউতাক-খুৰাকৰ
সেৱা-শুশ্রূষাৰ ফলত ধোবী আৰোগ্য হৈ উঠিল। সিপুৰীৰপৰা উভতি আহিল ঠিকেই; কিন্তু তাইৰ সুখ আনন্দ ক'ত? তাইৰ মাকে আহিছিল তাইক শুশ্রূষা কৰিবলৈ, কিন্তু নাই তাই নিজেই বসন্ত ৰোগত
আক্ৰান্ত হ'ল।
শৰীৰত খুদকণ থ'বলৈও
ঠাই নাই। চকুত বসন্ত ওলাই চকু দুটা বেয়া হ'ল। সকলো সময়তে যন্ত্ৰণাত চিঞৰি থকা হ'ল। মুখত এষাৰে মাথোন
আকুল মাত-
ধোবী!
ধোবীয়ে
ভাবিছে, তাইৰ মৃত্যু নহ'ল কিয় ? মৰিলে সকলো দুখৰ অন্ত পৰিলহেঁতেন। কি সুখৰ বাবে বিধাতাই তাইক জীয়াই
ৰাখিলে ? শহুৰ
কুলৰ কোনো নাই। মাকো যদি গুচি যায়, তাইৰ কাৰণে উস্ আস্ কৰিবলৈকো কোনো
নাথাকিব।
তাই
মাকক চাবলৈ অহাত দেউতাক, আইতাকে বিৰক্ত হৈ ক'লে- তই কিয় লৰি আহিছ? যা, সিটো কোঠালি লৈ যা। ভগবানৰ যি ইচ্ছা
সেয়ে হ'ব।
ধোবীয়ে
কান্দি কন্দি বল্লীৰ কান্ধত ভৰ দি উভতি আহে। কিমান কিযে ভাবে! তাই মাকৰ চিৎকাৰ
শুনি বিছনাত উঠি বহে। পুনৰ তাইৰ ওচৰলৈ আহে।
ঘৈণীয়েকৰ
চিৎকাৰ শুনি চিন্তেই চুই ধৈর্য ধৰি থাকিব নোৱাৰা হ'ল। হাতত ধৰি ঘৰলৈ
অনাৰে পৰা তেওঁ কোনোদিন ঘৈণীয়েকৰ ফালে ভালদৰে চোৱা নাই। কোনোদিন কোনো
কথাতে কেতিয়াও তাইৰপৰা পৰামৰ্শ বিচৰা নাই। ধোবীৰ মাকেও কোনোদিন কোনো কথাতে আপত্তি
কৰা নাই। সংসাৰৰ সকলো বোজা মূৰ পাতিলৈ মুখ
বন্ধ কৰি চলি আহিছে। এটাই মাথোন তাইৰ অনুৰোধ, ধোবীক শনেইৰ লগত বিয়া দিব লাগে। সেই
অনুৰোধো চুইয়ে ৰখা নাই। যন্ত্ৰণাত ছট্ফটাই মাথোন এষাৰ কথাই কৈ আছে- নিধেই, তুমিয়েতো কৈছিলা, ধোবীক শনেইৰ লগত বিয়া দিবা।
চিন্তেই
চুইঁৰ ওচৰত তাইৰ কোনো অনুৰোধ নাই। নিষ্ঠুৰ স্বামীৰ আকোৰগোঁজ মনোভাবৰ কথা তাই জানে।
এই ভাবনাই চিন্তেইৰ মনত বাৰে বাৰে আঘাত হানিছে। তেওঁ স্ত্ৰীৰ মনত সান্ত্বনা দিবলৈ
বাৰে বাৰে কৈ আছে- তুমি নিশ্চিন্ত হোৱা, ভগবানে তোমাক সোনকালে আৰোগ্য কৰিব। আৰোগ্য হৈ তুমি নিজেই ধোবীক শনেইৰ লগত
বিয়া দিবা, কোনেও
তোমাক বাধা নিদিয়ে।
নিধেই
আনন্দিত হৈ দ্বিগুণ উৎসহেৰে কয়- ব্যস্ত নহ'বা নবৌ, ধোবীক শনেইলৈ বিয়া দিম, তোমাৰ শৰীৰ আগতে ভাল হওঁক।
শৰীৰ
ভাল নহ'ল।
দিনে দিনে অৱস্থা বেয়াৰ ফালেহে ঢাল খাবলৈ ধৰিলে। শৰীৰৰ ঘাঁবোৰ বেছি হৈ আহিবলৈ
ধৰিলে। শেষত তাই জ্ঞান হেৰুৱাই পেলালে। দেৱস্নান পূৰ্ণিমাৰ দিনা ঠিক সূর্যোদয়ৰ
সময়ত ধোবীৰ মাকে শেষ নিশ্বাস ত্যাগ কৰিলে। স্বামী, দেওৰেক, জীয়েক মৃত্যুৰ সময়ত তাইৰ কাষতে
উজাগৰে বহি আছিল।। সিদিনা আছিল বৃহস্পতি বাৰ।
মানুহে
ক'লে-
ধোবীৰ মাকে বহু পুণ্য কৰিছিল। কেনে পবিত্ৰ দিনত দেহ ত্যাগ কৰিলে!
·
* *
নিমপুৰৰ
জমিদাৰ শিৱৰায় যেতিয়া পাশা খেলত ব্যস্ত হৈ আছিল, ঠিক তেতিয়াই তহচিলদাৰ গোবিন্দ প্রধান
কাণত কলম গুজি তাত উপস্থিত হ'ল।
তিনি
বছৰ আগত আহি শনেই মাটি খুজি নিছিল। সিদিনাৰপৰা আজিলৈকে তাৰ দেখা-শুনা নাই। অৱশ্যে প্ৰধানে দুবাৰ গৈ
খাজনা উচল কৰি আনিছে; কিন্তু ভাৰ-ভেটি পোৱা নাই। কথাই কথাই দেউতা, সোণটো বুলি মাতি আঁভুৱা-ভাৰি সকলোকে সি
আপোন কৰি লৈছে। শনেই খাজনা দিছে যদিও গোবিন্দ প্রধানে জমিদাৰৰ চিৰস্তাত এটকাও জমা
কৰা নাই। সেয়ে সকলো খাজনা বাকী পৰি আছে।
গোবিন্দ
প্ৰধানৰ কোপ দৃষ্টিত পৰি কিমান নিৰীহ, সৰল কৃষকে সর্বস্ব ঢালি দি বাটত থিয়
দিছে! জমিদাৰৰ সম্পত্তি হ্ৰাস পোৱা নাই যদিও গোবিন্দ প্ৰধানৰ সম্পত্তি দিনক দিনে
বাঢ়ি গৈছে। তথাপিও তেওঁ জমিদাৰৰ বিশ্বাসী, প্রিয়পাত্র। তেওঁ যি কয় জমিদাৰে
তাকে কৰে।
সামান্য
শনেই পড়িৰা তাৰ হাতৰপৰা সাৰি যাব! জমিদাৰৰ দেউতাকৰ মৃত্যু বার্ষিকীত কিমান
ধুমধামেৰে ভোজভাত হয়! জমিদাৰীৰ ৰায়তৰ পৰাই সকলো বস্তু আহে। অনা-নিয়াতহে জমিদাৰৰ
খাচ তহবিলৰপৰা খৰচ হয়। গোবিন্দ প্রধানে নিজে জালোৱা যোগাৰ কৰি বিষ্ণুপুৰলৈ
পঠিয়াই দিলে। সি জানে, শনেইৰ পুখুৰীত ডাঙৰ ডাঙৰ মাছ আছে। দুমোণ মাছ তাৰপৰা আনিব পৰা যাব।
শনেই
ঘৰত নাই। তাৰ চাকৰ লৰাটোৱে জালোৱাসকলক অপমান কৰি পঠাইছে। জমিদাৰৰ চিঠি পর্যন্ত
চোৱা নাই। কৈ পঠাইছে, জমিদাৰ খাজনাৰহে মালিক। মাছ ধৰিবলৈ যোৱা মানুহবোৰে উভতি আহি তেওঁক এই
কথাই জনাইছে। শনেই জমিদাৰৰ ইমান
সুনাম মাটিৰ লগত মিহলাই দিলে।
অন্নসত্ৰত
খোৱা মজদুৰৰ মূৰতো! কালি আহি আঁঠুকাঢ়ি মাটি খুজি নিলে আৰু আজি তাৰ ভেম চোৱা! শনেই
ঘৰত নাছিল যদি নাই, ঘৰলৈ আহি সকলো কথা শুনা নাইনে সি ? জমিদাৰৰ ভৰিত ধৰি ক্ষমা ভিক্ষা
নামাগিলে কিয় সি। তাৰ ইমান গৰ্ব!
প্রধানে
এইবোৰ কথা জমিদাৰক আগতীয়াকৈ বুজাই কৈছে। তেওঁৰ আক্রোশৰ জুই জ্বলাই দিছে। জমিদাৰে
আদেশ দিছে- অবাধ্য প্ৰজাক শাসন কৰা, প্ৰজাৰ মুখ ভাঙি দিয়া, নহ'লে প্ৰজাৰ লগত পৰা নাযাব, আটায়ে ওপৰ মুখ হ'ব আৰু জমিদাৰী গুচি যাব।
প্ৰধানে
ইয়াকে বিচাৰিছিল। তদুপৰি শনেই যি কাণ্ড কৰিছে তাৰ ওপৰত দয়া-মায়া নথকাৰে কথা। জাতি এৰিছে, ধৰ্ম ত্যাগ কৰিছে, পুনৰ কৈছে, পৃথিবীৰ সকলো মানুহ তাৰ নিজৰ! এইবোৰ
সহ্য কৰিবপৰা যায় জানো? সি বলিয়া হ'ল বুলি সংসাৰ বলিয়া হ’ব নেকি ? এইবোৰ কথাৰ অর্থ কি ? কিমান হাতী ঘোড়া গ'ল তল, শহাই বোলে কিমান জল। কেনেকৈ এইবোৰক
শায়েস্তা কৰিব লাগে, প্রধানে সেই কথা ভালকৈয়ে জানে । হাতেৰে নামাৰি ভাতেৰে মাৰিলে কোনেও
নাজানে। গুৰি কাটিলেই গছ মৰিব, শনেই পুনৰ বাটলৈ যাব, তাৰ গৰ্ব ভাঙিব।
এই
বিষয়ে পৰামৰ্শ কৰিবলৈয়ে সি নথি-পত্ৰলৈ জমিদাৰৰ ওচৰলৈ আহিছে।
জমিদাৰৰ
খেল চলিছে। প্ৰধান থিয় হৈ আছে। জমিদাৰে তাক কে’বাবাৰো বহিবলৈ ইংগিত কৰিছে। কিন্তু
প্রধানে ভাবিছে, এয়া
ডাঙৰ মানুহৰ গুণ, উদাৰতা। সামান্য চাকৰ হৈ, এজন তহচিলদাৰ হৈ, এনেকুৱা সাহসৰ কাম তেওঁ কৰে কেনেকৈ ?
খেল
শেষ হ'ল।
জমিদাৰ হাৰিল। বেলেগ খেলুৱৈসকলে মেলানি মাগিলে। জমিদাৰে প্ৰধানলৈ চাই সুধিলে- কিবা
ক'বা ?
কাগজপত্ৰ
মেজৰ ওপৰত নমাই থৈ প্রধানে ক'লে- তিনি বছৰৰ খাজনা বাকী ।
নালিচ
কৰি দিয়া।
যি হুকুম
কৰে হুজুৰ, মই
য়াজপুৰলৈ যাব লাগিব।
কিয়? কোর্টৰ মহৰিয়ে নোৱাৰিব নেকি ?
এক
তৰফা ডিগ্ৰী যোগাৰ কৰা প্ৰয়োজন।
যি
কৰিব লাগে কৰাগৈ। অবাধ্য প্ৰজাৰ মুখ নাভাঙিলে, আমাৰ মুখ তললৈ যাব।
যি
হুকুম, হুজুৰ।
জমিদাৰ
বহাৰপৰা উঠি ভিতৰলৈ সোমাই গ'ল। কিছুমান কাগজত জমিদাৰৰ দস্তখতৰ প্ৰয়োজন আছিল, সেয়া কৰোৱাব নোৱাৰিলে। প্ৰধান নথিপত্ৰ
কাষলতিত লৈ ওলাই আহিল৷
পহৰাজৰ
ঘৰৰ পাছফালে শিৱ ঘোষে কোৰ মাৰি আছিল। মাজে সময়ে চেগা-চেৰেকাকৈ বৰষুণ দি আছে।
ঠাইডোখৰত আজি বেঙেনা পুলি ৰুব লাগিব, নহ'লে আজি বুঢ়ী আইদেৱে খাবলৈ নিদিব। কোৰ
মাৰি মাৰি সি লেবেজান হৈ পৰিছে। কাৰো অকণো দয়া-মায়া নাই। তিনি বছৰৰ তিনি টকা
মজুৰি বাকী পৰি আছে। আগতে যি মজুৰি পাইছিল গোটেইখিনি পহৰাজৰ ঘৈণীয়েকে ধাৰে লৈছে।
পহৰাজে প্ৰতিদিনে আশা দি আছে, যে তাৰ ঘৰ-দুৱাৰ কৰি দিব, বিয়া-বাৰু কৰাই দি তাক থানথিত লগাই
দিব। আস্ নিঠৰুৱা ল'ৰাটো!
শিৱ ঘোষ
প্ৰায় বৃদ্ধ হ'বৰ
হ'লেই।
তথাপি পহৰাজে তাৰ কাৰণে ঘৰ নিৰ্মাণ নাইবা টকা ওভতাই দিয়া নাই। ফলত সি বেলেগ কোনো
ঠাইলৈকো যাব নোৱাৰে। ইফালে পহৰাজৰ ঘৰত হাড়ভঙা পৰিশ্ৰম কৰি খাই-বই থাকিবলৈকো মনে
নামানে।
তাক
বন্দী কৰি ৰাখিছে পাৰ্বতী, পহৰাজৰ বিধবা নাতিনীয়েকে।
পিছফালৰপৰা
পাৰ্বতীয়ে মাতিলে- শিৱ!
শিৱই
চমকি উঠি পিছফাললৈ ঘূৰি চালে।
পার্বতী
কাষলৈ আহিল৷ তাই শিৱৰ কাণত ধৰি টানি টানি ক'লে- তোক মা’ই মাতিছে।
পাৰ্বতীৰ
হাতৰপৰা কাণ এৰুৱাই শিৱই জাঁপ মাৰি আঁতৰি আহিল। সি জোৰে জোৰে কোৰেৰে চাব মাৰি
চপৰা-চপৰে মাটি খান্দি ক’লে- তই যা, পুলিকেইটা ৰুই মই যামহি।
মুকলি
তিতা চুলি জোকাৰি পাৰ্বতীয়ে ক'লে- হেৰ' জুয়েপোৰাটো, মাই মাতা নাই, মইহে মাতিছোঁ, আহ।
শিৱে
কোৰ এৰি থিয় হ'ল।
তুমি
আগতে যোৱা, মই
আহি আছোঁ।
খঙত
গংগাটোপ হৈ পাৰ্বতী চুলি জোকাৰি জোকাৰি গুচি গ'ল।
শিৱই
পিছফালৰপৰা পাৰ্বতীৰ অপসৃয়মান দেহৰ ফালে চাই থাকিল।
x x x
ঠিক
তেতিয়াই–
পহৰাজৰ
চৰাঘৰত গাঁৱৰ মুখিয়ালসকলৰ বৈঠক চলি আছিল। পহৰাজে আটায়েকে মাতি আনিছে। গাঁৱৰ
মন্দিৰৰ কাষত বহাৰ কথা আছিল। কিন্তু যিজন বহিলে সভাৰ সৌষ্ঠৱ বাঢ়িলহেঁতেন তেওঁকে
ভগবানে বিপদত পেলাইছে। চিন্তেই চুইঁৰ অনুপস্থিতিত কাকলৈনো সভা কৰে!
সেইবুলি
সমজুৱাই ধৰ্ম ও সমাজ ত্যাগ কৰিব নোৱাৰে। পড়িৰাৰ ল'ৰাই যি বিজাতি অধৰ্ম কাৰ্য কৰি আছে, সোনকালে তাৰ প্ৰতিকাৰ নকৰিলে এইখন
গাঁৱত থকাই টান হ'ব।
পহৰাজে
নস্য টানি সেই কথাই সকলোকে বুজাই ক'লে- শনেই জাতি ও ধর্ম এৰিলে, যিহকে তিহকে কোৱা চেৰা বলিয়া পাগলী কইঁক
ঘৰত আশ্রয় দিছে। বিষ্ণুপুৰ গাঁৱত সিহঁতে ওপৰলৈ মুখ কৰি চলিব আৰু আমি গাঁতত সোমাম
নেকি ?
পৰি
দলৈয়ে ক'লে-
শুনিছানে তাৰ কাৰ্য-কাৰখানা! কইঁ পাগলীৰ দৰে আৰু বাৰ কথা কোৱা ভিখাৰিণী নাই। নতুন
শাৰী পিন্ধি কেনে ধুনীয়াজনী হৈ উঠিছে। তাইৰ হাতত শনেইৰ ঘৰৰ চাবিপাত দিছে। তাই
ৰন্ধা-বঢ়া কৰি পাণ, পাঠান, মুচি, খ্ৰীষ্টান আৰু শনেইৰ সন্মুখত থৈ দিয়ে।
সেৱা
বেহেৰাই সুধিলে- আটায়ে একেটা পাততে খায় নেকি ?
পৰি
দলৈয়ে ক'লে-
নাই নাই, বেলেগে
বেলেগে খায়। তথাপি এষাৰ কথাত খোঁকোজা লাগে, কইঁয়ে ৰান্ধি-বাঢ়ি দিয়ে........
বিনি
কাণ্ডিয়ে ক'লে-
সেই একেই কথা। কইঁৰ কোনো জাতি আছে নেকি ? তেনেহ'লে সমজুৱাসকলৰ কি থাকিল, ৰাম আতা? যাৰ যি ভাল লাগিব সি তাকে কৰিলে হ'ব নেকি ? অন্নসত্ৰৰপৰা শ শ মানুহ উভতি আহিল। সিহঁত আমাৰ ভাই-বন্ধু, কুটুম্ব আছিল। আমি সিহঁতক বচাব
নোৱাৰিলোঁ। সিহঁত ম'হ, মাখিৰ
দৰে বাটে-ঘাটে পৰি মৰিল। অৰ্দ্ধমৃত অৱস্থাত যিসকল উভতি আহিল সিহঁত আৰু ক'লৈ যাব, ইয়াতেইতো থাকিব লাগিব!
সেৱা
বেহৰাই ক'লে-
কাণ্ডিয়ে যি ক'লে
সঁচা কথাকেই ক'লে।
উভতি অহাসকলৰ বহুতৰে প্ৰায়শ্চিত্ত নহ'ল, অজাতি হৈ অন্নসত্ৰত খোৱা জাতিৰ দোহাই
দি গাঁৱৰ পাছত গাঁৱত ঘৰ-বাৰী কৰি আছে। শনৈয়ে মাটি তৌজি পট্টা কৰি ঘৰ-বাৰী কৰি
সুখেৰেই আছে। ইয়াত তাৰ দোষ ক'ত? সি তাৰ ঘৰ কৰিলে, সংসাৰ কৰিলে আৰু সুখেৰেই খাই-বই আছে।
বিনি
কাণ্ডিয়ে ক'লে-
ময়ো তাকেই কৈছোঁ, বেহেৰা। সমজুৱাই কথাটো ভালদৰে বুজা-মেলা কৰক। শনেইৰ লগত কোনেও সম্পৰ্ক
নাৰাখিলা নাই, তাৰ
ঘৰত ভাত-পানী নাখালা নাই। সেই বুলি তাক ব্যতিব্যস্ত কৰাৰ কি দৰ্কাৰ আছে? আমাৰ নিজৰ সুখ-দুখৰতো কোনো হানি-বিঘিনি
হোৱা নাই।
পহৰাজে
সমজুৱাসকলৰ ফালে চাই ক'লে- আৰে, হেৰ' সেৱা বেহেৰা, বিনি কাণ্ডি, তোমালোকে এইবোৰ কৈছা কি ? সি ভাবিছে কি ? পবিত্র সনাতন হিন্দু ধৰ্ম ৰসাতলে যাব? প্রলয় হ'বৰ সময় হ'লেই নেকি ? ভয়ংকৰ দুৰ্ভিক্ষত এক ধৰণৰ প্ৰলয় হৈ গ'ল। পাপৰ ভাগ বেছি হ'লে পৃথিবীয়ে সহিব নোৱাৰে। পাপৰ ফলত
দৈৱই মানুহক ত্যাগ কৰিলে নেকি ?
সি
দলৈৰ ফালে চালে ৷
দলৈয়ে
ভাবি-চিন্তি ভ্রূযুগল কুঞ্চিত কৰি পহৰাজক বখানি ক'লে- গোসাঁই মহাপ্রভু, বেহেৰাই সঁচা কথাকে কৈছে। ঠিকেইতো শনেই
ভালেই কৰিলে, নে
বেয়াই কৰিলে তাকে লৈ আমাৰ মূৰ ঘমোৱাৰ দৰ্কাৰ কি? তাৰ প্ৰতিফল সি পাব। কি পাপৰ ফলত এই
জনমত তাৰ এই দশা কোনে জানে ? এই জনমত পাপ আৰ্জিছে, নিজৰ নৰককুণ্ডৰ বাট পৰিষ্কাৰ কৰিছে, তাত আমাৰ কি আহে যায়! ওপৰত ভগবান আছে, সকলোৰে পাপ-পুণ্য তেওঁ দেখি আছে। আমি
মানুহ হৈ কি কৰিব পাৰিম! শনেইক এঘৰীয়া কৰিব, জুই নিষেধ কৰিব, ইয়াৰ বাহিৰেতো একো কৰিব নোৱাৰিব।
উদি
চাহুই ক'লে-
সিতো এঘৰীয়া হৈয়ে আছে। সি কাৰো ঘৰ-দুৱাৰলৈ নাযায়। কালি সন্ধিয়া তাৰ লগত মোৰ
বান্ধৰ ওপৰত দেখা হৈছিল। তাৰ লগত যোহন বুঢ়া খ্ৰীষ্টানটো আছিল। মই সুধিলোঁ- হেৰা
বোপা, তোৰ
সংসাৰ কেনেকৈ চলিছে? সি হাঁহি মাৰি ক'লে- ভালদৰেই চলিছে, মহা। সুধিলোঁ- বলিয়াটো, তোক এই বুদ্ধি কোনে দিলে ? কিমান ধুনীয়াকৈ ঘৰটো বান্ধিছিলি, ভাবিছিলো, দুহাত চাৰিহাত কৰিবি, পড়িৰা বংশৰ নাম ৰাখিবি। কিন্তু তাকে
নকৰি কৰিলি সেয়া। এতিয়া কোলাৰো গ'ল, হাতৰো গ'ল। কিনো ভাল কামটো কৰিলি ? শনেই উত্তৰ দিলে- উদি মহা, কোলাৰহে গ'ল, সংসাৰৰপৰাতো যোৱা নাই। সংসাৰত আৰু
পাঁচটা মানুহক বচাই ৰখাৰ ব্যৱস্থা কৰিছোঁ। যি পাঁচটাক
আশ্রয় দিছোঁ, সিহঁতৰ
কি হ'লহেঁতেন
ভাবি চাইছেনে, মহা
?
পহৰাজে
ক'লে-
নুসুধিলানে, হেৰ' দুখীয়া নিৰাশ্ৰক আশ্ৰয় দিয়াটো
অৱশ্যে পৌৰষৰ কামে, জাতি ধর্ম ত্যাগ নকৰিও জানো সেয়া কৰিব নোৱাৰিলিহেঁতেননে ?
উদি
চাহুই ক'লে-
জাতি-ধৰ্মত তাৰ বিশ্বাস নাই। মই জিভা কামুৰি ভাবিলোঁ, তাৰ লগত আৰু কথা বঢ়াম নেকি ? মই কওঁ যে, যাৰ যি বিশ্বাস তাকে কৰক। নিজ কৰ্মৰ ফল
সি নিজেই ভুগিব লাগিব।
পহৰাজে
চকু পকাই ক'লে-
শুনিলানে সমজুৱাসকল, জাতি-ধৰ্মত তাৰ বিশ্বাস নাই! আটায়ে যদি তাৰ পন্থা লয় হিন্দু ধর্ম
থাকিব জানো ? এনেকুৱা
মানুহক গাঁৱৰপৰা খেদি পঠিওৱাই ভাল। অমৃতৰ পাত্ৰত এটোপাল বিষ পৰিলে সকলো অমৃত বিষ
হৈ যায়।
সেৱা
বেহেৰাই ক'লে-
শুনা ৰাম ককা, সঁচাকৈয়ে
কৈছোঁ, তোমাৰ
কথা মই মানিব নোৱাৰোঁ। এই ব্ৰিটিচ ৰাষ্ট্ৰৰপৰা কোনে কাক খেদি পঠিয়াবা? বাঘে-ছাগে একে ঘাটত পানী খায়। নহ'লে গাঁৱৰ পাছত গাঁৱত পাঠান, খ্রিষ্টানৰ বসতি হ'ল কেনেকৈ ? সিহঁততো আমাৰে মানুহ, সাত সমুদ্ৰ পাৰি দি নিশ্চয় অহা নই।
তালৈ গ'লে
দেখিবলৈ পাবা পাঠানে প্রত্যেক দিন গো-হত্যা কৰিছে, পাণে বজাৰৰপৰা ডাঙৰ ডাঙৰ মাছ কিনি আনি
ভাগা-ভাগি কৰিছে। সিহঁতকো খেদি দিব পাৰিবা নেকি ? শনেই দুৰ্বল বুলিহে এই কথা ক'ব পাৰিছা। তাক এইবোৰ কথা
সুধিলে সিয়ে ওলোটাই সুধিব- তুমি কোন ? তুমি যোৱাগৈ। মোৰ কথা মই ক'লোঁ, এতিয়া তোমাৰ কি ক'ব লগা আছে কোৱা।
পহৰাজে
ব্যস্তভাবে ক'লে-
মই ক'ব
খোজা কথা তোমালোকে নুবুজিলা, বেহেৰা। ভালেই হওঁক আৰু বেয়াই হওঁক, পাঠানে কোৱা অথবা খ্রিষ্টানে কোৱা
সিহঁতৰো একো একোটা ধৰ্ম আছে। যাৰ ধৰ্ম তাৰ ওচৰত ডাঙৰ। শনেই যদি বেলেগ কোনো ধৰ্ম
গ্ৰহণ কৰে, আমি
কে’লেই
তাত মাত মাতিবলৈ যাম ? সকলোকে লৈ চলিব লাগিবতো! এই গাঁৱৰ বাটেদি কিমান বিধর্মী মানুহ
যাতায়ত কৰিছে, আমিতো
বাটৰ মাটি খান্দি নি নৈত পেলাই দিয়া নাই, নাইবা বিধৰ্মীয়ে নৈৰ পানীৰে গা-পা
ধুইছে বুলি নৈকো এৰিবপৰা নাই। শনেই কোনো কুলৰো হ'ব নোৱাৰিলে নাইবা কোনো জাতিৰো হ'ব নোৱাৰিলে।
দলৈয়ে
ক'লে-
তুমিয়ে দেখোন সিদিনা কৈছিলা, যে চাৰিটা জাতিৰপৰা চাৰি হেজাৰ জাতি হ'ল। এইবোৰ কেনেকৈ হ'ল? এনেকৈ লাহে ধীৰেইতো হৈছে। শনেইৰ তেনেহ'লে এইটো এটা নতুন জাতি। বহু বছৰ পাছত
প্ৰতিজন আত্মীয়-স্বজনেৰে একো একোটা নতুন জাতি গঠন হ'ব। হওঁকচোন, তাত আমাৰ কি আহে যায়!
সেৱা
বেহেৰাই হাঁহিলে। ক'লে- ভাল কথাটোকে ক'লা দলেই। আত্মীয়-স্বজনেৰে একো একোটা
জাতি হ'লে
সংসাৰ চলিব জানো ? বিয়া- বাৰু হ'ব কেনেকৈ ? যেতিয়া জাতি-ফাতি নাথাকিব, তেতিয়া পুনৰ এটা নতুন জাতি হৈ যাব।
দলৈয়ে ক’লে।
পহৰাজে
অকণমান জোৰ দিয়ে খঙেৰে সৈতে ক'লে- তোমালোক সমজুৱাসকল বলিয়া হ'লা নেকি ? জাত-পাতৰ কথা নুবুজি আটায়ে ফাজলামি কৰিছা।
শনেইৰ যি মন যায় তাকে কৰক, আমাৰনো কি আহে যায়? সি যদি জংঘলত থাকিলহেঁতেন, আমাৰ চকুত নপৰিলহেঁতেন, আমাৰ ক’ব লগা নাথাকিলহেঁতেন। আমাৰ জাতি, আমাৰ গাঁৱত থাকি আমাৰ চকুৰ আগত অনীতি
অনাচাৰ কৰিব আৰু আমি ভেবা লাগি চাই থাকিম ? পুথি পুৰাণ সকলো চৌকাত জ্বলাই দিবা ? ধর্মই সহিবনে ? চিন্তেই চুইৰ বিপদ, তেওঁ গাঁৱত নাই বুলিহে তোমালোকে
এনেকুৱা কথা ক'ব
পাৰিলা৷ তেওঁ থাকিলে তোমালোকৰ মুখ খোল খালেহেঁতেন নে?
চিন্তেই
চুইৰ নাম শুনি আটায়ে নীৰৱ হ'ল।
পহৰাজে
হাঁহি মাৰি ক'লে-
অন্যায় অনাচাৰ কৰিছিল বুলি মহাপ্রভু ৰাম চন্দ্ৰই নিজ হাতে শূদ্র মহামুনি শূদ্ৰকৰ
প্ৰাণ বধ কৰিছিল। তোমালোকে এইবোৰ কথা জানা জানো ? সামান্য শনেই পড়িৰাক সমজুৱাসকলে কাবু
কৰিব নোৱাৰিব নেকি ? পাণ, পাঠান, মুচি, খ্ৰীষ্টানকলৈ সি গাঁৱত নাটক কৰিব? দুঃশ্চৰিত্ৰা কইঁকলৈ লেটিপেটি কৰিব? তোমালোকে ল'ৰা-ছোৱালী, আত্মীয়-স্বজন লৈ ঘৰ-সংসাৰ কৰি আছা।
শনেই যদি এইবোৰ কৰে, তোমালোকৰ ল'ৰা-ছোৱালীয়ে তোমালোকক মানিব জানো? নোকোৱা কিয় বিশি জেনা ? তোমাৰ পুতেক চন্দ্ৰাৰ কোনো খবৰ পালা
নেকি ? কিহে, বাম ওঁজা, টিমি ক'লৈ গ'ল তাৰ কোনো উৱাদিহ পালা নেকি ?
বিশি
জেনাই তলমূৰ কৰি ক'লে- কোনো খবৰে পোৱা নাই। ভুল কামটোকে কৰি পেলালে। তাৰ কাৰণে
প্ৰায়শ্চিত্ত হলোঁ। মোৰ একমাত্র ল'ৰা, সি যদি উভতি আহিলহেঁতেন, তাৰ মাকে দিনে-ৰাতি কান্দি আছে। তাইৰ
মাত বহি গ'ল। চকুৰেও
নেদেখা হৈছে। চন্দ্ৰা যদি উভতি নাহে, বুঢ়ীও মৰিব।
বাম
ওঁজাই তলমূৰ কৰি ক'লে- কুলৰপৰা গ'লেও যি, মৰিলেও সেয়াই। জেনাৰ ল'ৰাহে, তাৰ সাত খুন মাফ, টিমি তিৰোতা মানুহ, তাইৰ খবৰ ৰাখি লাভ কি? তাইৰ মুখ দৰ্শন কৰাও পাপ। কি ক'ম লাজৰ কথা!
কোৱা
কোৱা, কৈ
যোৱা- পহৰাজে ইতিকিঙৰ সুৰত ক'লে।
বিশি
জেনাই ক'লে-
তুমি নিজে কিবা কৰিছানে, যে লাজৰ কথা হ'ব! যাৰ কৰ্মফল সিয়ে ভুগিব। পোন্ধৰ দিনমান আগত টিমিৰ গিৰিয়েক নিশু
নিয়া আহিছিল, বাম
ওঁজাই মোক মাতি পঠাইছিল। লুকুৱামনো কিয় ? সকলো কথা খুলি কলোঁ- হেৰ' টোপনিয়াই আছিলি নেকি ? যা যা। নিশু নিয়াই মোক ধমকি দিলে, চন্দ্ৰাক পালে সি প্ৰাণে মাৰিব। মই ক'লোঁ- চন্দ্ৰাৰ ব্ৰহ্ম থাপৰ খালে বাপৰ
নাম পাহৰিবি, বাপ।
যা যা, গ’লিনে! নিশু নিয়া মোৰ কথা শুনি ভয় খাই
পলাল।
ৰাম
পহৰাজে ক'লে-
শনেইক কিবা এটা নক'লে, এইদৰে ডেকা-ডেকেৰীবোৰে লাই পাই যাব। তোমালোক আটায়ে কথাটো ভাবা। চুইও
দূর্গাপুৰৰপৰা উভতি আহক, কিবা এটা উপায় নিশ্চয় ওলাব। তেতিয়া তোমালোকে কিবা এটা ব্যৱস্থা
কৰিবা। মই কাইলৈ দূৰ্গাপুৰলৈ গৈ আছোঁ।
সমজুৱাই
ক'লে-
হয়, চুইঁ
আহক, যি
কৰিব লাগে কৰক ।
পহৰাজে
ক'লে-
ইয়াৰ মাজতে এদিন গৈ শনেইক এঘৰীয়া কৰাগৈ।
x x x
চিন্তেই
চুইৰ ইচ্ছা আছিল ধোবীক বিষ্ণুপুৰলৈ লৈ আহিব। বিষ্ণুপুৰতে স্ত্ৰীৰ শুদ্ধি কৰ্ম
সমাপন কৰিব। কিন্তু ধোবীয়ে জেদ ধৰিলে, যে শুদ্ধি কৰ্ম দূর্গাপুৰতে হওঁক।
গাঁৱৰ মানুহ আৰু বন্ধু-বান্ধৱক নিমন্ত্ৰণ কৰি দূৰ্গাপুৰ লৈ অহা হওঁক। জীয়েকৰ মনত
দুখ দিবলৈ চিন্তেই চুইঁৰ মন নগ'ল। সেয়ে নিজেও জীয়েকৰ প্ৰস্তাৱত একমত হ'ল। সকলো আয়োজন দূৰ্গাপুৰতে কৰা হ'ল।
হৰি
মহান্তি, ৰাম
পহৰাজ, নিধেই
ও ধোবীৰ পৰামৰ্শ অনুসৰি চুইৰ সকলো আত্মীয়-স্বজন বিষ্ণুপুৰৰপৰা দূৰ্গাপুৰলৈ আহিল৷
শ্ৰাদ্ধৰ কেইদিনমান আগতে আটাইলৈ নিমন্ত্ৰণী পত্ৰও পঠোৱা হ'ল। জমিদাৰ শিৱৰায় ও গোবিন্দ প্রধানকো
নিমন্ত্ৰণ কৰা হ'ল। চিন্তেই চুইয়ে মহান্তিক শনেই পড়িৰালৈ চিঠি লেখিবলৈ ক'লে। পহৰাজে চকু পকাই ক'লে- এয়া কি কৰিছা, চুই?
চুইয়ে
আশ্বৰ্য হৈ পহৰাজৰ ফালে চালে।
ধোবী
তলমূৰ কৰিলে।
নিধেই
সুধিলে- বাধা দিছে কিয়, পহৰাজ ?
দূর্গাপুৰলৈ
আহিবৰেপৰা শনেইৰ কু-কৰ্মৰ কথা ক'বলৈ পহৰাজৰ মন ছট্ফটাই আছিল। কিন্তু আটায়ে কর্ম ব্যস্ত থকাৰ কাৰণে
পহৰাজৰ সুযোগ মিলা নাছিল। সুযোগ মিলিলত পহৰাজে নস্য টানি সামান্য হাঁহি মাৰি আৰম্ভ
কৰিলে- ছিঃ ছিঃ! শনেইটো আৰু মানুহ হৈ আছে নেকি ? তাৰ কথা বাদ দিয়ক. সিতো.....
পহৰাজে
সকলো ঘটনা ভাঙি-পাতি ক'লে। কথা শেষ কৰি শেষত ক'লে- সমাজৰ মাজত থাকি, দুর্নীতি, অন্যায় কৰি যদি আমাৰ মাজৰে
এজন হৈ থাকে, তেনেহ'লে সমাজৰ অৱস্থা কি হ'ব, চুই ? তাক যদি সামাজিক দণ্ড দিয়া নহয়, তেনেহ'লে সমাজৰ উচ্ছৃংখল ডেকা-ডেকেৰীবোৰৰ
অৱস্থা কি হ'ব ? আমাৰ সমাজ-সভ্যতা, ধর্ম-সংস্কৃতি, আদিম কালৰ সভ্যতাৰ ওপৰত থিয় হৈ শনেই
গৰ্বত বুকু ফিন্দাই চলিব আৰু আমি ভেবা লাগি চাই থাকিব লাগিব নেকি ?
চিন্তেই
চুই চিন্তিত হ'ল। তেওঁৰ
মুখৰপৰা মাত নোলাল। মৃত্যুৰ আগমুহূৰ্তত স্ত্ৰীয়ে কৰা নিবেদনৰ কথা তেওঁৰ মনত পৰি গ'ল। আস্! শনেইক তাই নিজৰ সন্তানতকৈও
অধিক ভাল পাইছিল। শনেইৰ হাতত ধোবীক সমৰ্পণ কৰিবলৈ তাইৰ কিযে
আগ্ৰহ আছিল!
সেই শনেই ইমান দুখ-কষ্ট সহ্য কৰি, মান-অপমান পাহৰি, অজাতিৰপৰা জাতি হ'ল, সমাজত
চামিল হ'ল, দেৱকাৰ্যতো যোগদান কৰিলে, পুনৰ তাৰ এনেকুৱা পৰিৱৰ্ত্তন হ'ল কিয় ? চিন্তেই চুইয়ে বুজিব নোৱাৰিলে তাৰ এই
পৰিৱৰ্ত্তনৰ আঁৰৰ ৰহস্য কি।
নিধেইও
ঠিক তাকেই ভাবি আছিল। আৰু ধোবী! তাই ভাবিলে, এইবোৰৰ কাৰণে দায়ী তাই নিজেই। শনেই
ককাইয়ে তাইৰ ওপৰত অভিমান কৰিয়ে এইবোৰ কাণ্ড কৰি আছে। তাইৰ চকুৰ আগতে সি সকলো
অন্যায়-অনীতি বৰণ কৰিব, তাইৰ ওপৰত প্ৰতিশোধ ল'ব! তাৰ বাবেই দুঃশ্চৰিত্ৰা কইঁ পাগলীক
সি ঘৰত আশ্রয় দিছে, তাইক সকলো সমৰ্পণ কৰিছে।
ধোবীৰ
হাড়ত জুই জ্বলি উঠিল। তাইৰ চকু উজলি উঠিল। বুকু কঁপি উঠিল। মূৰৰ মাজত যেন কোনোবাই
লোৰ বেজীৰেহে খোঁচ মৰিলে। তাই খঙাল দৃষ্টিৰে পহৰাজৰ মুখলৈ চাই থাকিল।
চিন্তেই
চুই হুমুনিয়াহ কাঢ়ি ক'লে- শুনা পহৰাজ, শনেই ডেকা, তাৰ মন চঞ্চল, তাৰ কোনো অভিভাবক নাই। তাৰ বাবে সি মইমতালি কাণ্ড কৰিছে। তুমি ব্যস্ত
নহ'বা।
তালৈ নিমন্ত্ৰণী পত্র পঠোৱা, মহান্তি। সি আগতে আহক। মোৰ মুখৰপৰা দুই চাৰি ফাকি কথা শুনিলেই সি
সুবাটলৈ উভতি আহিব। বুজিছা পহৰাজ, ডেকা বয়সত সকলোৰে নতুন কিবা এটা কৰিবলৈ মন যায়। বৈ যোৱা সোঁতৰ দৰে
কোনো বাধা মানিব নুখুজে। তাক বন্দী কৰি ৰাখি সুবাটলৈ অনা কষ্টকৰ হ'ব। শাস্তি দৰ্কাৰ। সেই শাস্তিৰ ভাৰ মই
মোৰ ওপৰত ল'লো।
তোমালোক ব্যস্ত নহ'বা। লেখা মহান্তি, পত্র লেখা। নিধেই আনন্দিত হৈ হৰি মহান্তিৰ ফালে হালি ক'লে- লেখা মহান্তি। মহান্তি তালপাত, কলম হাতৰপৰা নমাই থৈ চমকি উঠাৰ দৰে ক'লে- মই এনেকুৱা অন্যায় কাম কৰিব
নোৱাৰিম। বিষ্ণুপুৰৰ জমিদাৰ, পাঠান হ'লেও নিজ ধৰ্ম ধৰি আছে। ধাৰ্মিক লোক। তেওঁৰ ওচৰলৈও নিমন্ত্ৰণী পত্ৰ
পঠোৱা হৈছে। আমাৰ ভাগ্যত থাকিলে তেওঁৰ দৰে মানুহৰো পদধূলি এইখন ঘৰত পৰিব।
কৃষ্ণপুৰৰ চোলেমান চাহু, তোৱোঁ মানুহৰ মাজত হীৰাৰ টুকুৰা। তেওঁক দেখিলে শ্রদ্ধাত মূৰ নত হৈ
যায়। এই নায়েক বংশৰ পাঁচ পুৰুষৰ তেওঁ বন্ধু। তেওঁ ধৰ্ম শাস্ত্ৰ পঢ়ি দিন-ৰাতি পাৰ কৰে। তেওঁৰ ওচৰলৈকো চিঠি
পঠোৱা হৈছে। তেওঁ আহিব, কি ভাগ্যৰ কথা! ৰাজীৱ জেনা পীৰপুৰৰ জমিদাৰ, পাণ হ'লে কি হ'ব, তেওঁৰ ব্যৱহাৰ দেখিলে মানুহ অবাক হৈ
যায়। বৃদ্ধক দেখিলে বাল্মীকি মুনিৰ দৰে ধাৰণা হয়। সকলো সময়ত মুখত হৰি নাম।
ঘাঁহৰ পাত চিঙাটোকো তেওঁ পাপ বুলি ভাবে। তেওঁলৈও নিমন্ত্ৰণী পত্ৰ পঠোৱা হৈছে।
কিমান আনন্দৰ কথা, আটায়ে আহিব। তেওঁৰ কাষত বহি তেওঁৰ মুখৰ চাৰিটা কথা শুনিলে
মন পবিত্ৰ হ'ব।
আৰু এই শনেই পড়িৰা! বিধৰ্মী, অনাচাৰীটো! তাৰ ওচৰলৈ পত্ৰ লেখিবলৈ গৈ মোৰ হাত কঁপি উঠিছে। মই
নোৱাৰিম, চুই।
হৰি
মহান্তিয়ে ঘৃণাত নাক কোঁচালে ৷
পহৰাজে
ক'লে-
হৰি বাবুই ঠিক কথাকে কৈছে। শনেই পাঠান, খ্রীষ্টান, পাণ যিকোনো জাতিৰ লগতেই মিলক, আমাৰ আপত্তি কৰাৰ কোনো কাৰণ নাই।
আটায়ে এই মাটিৰ সন্তান। আটায়ে জীয়াই থাকিব লাগিব। নিজৰ ধৰ্ম, কর্ম, আচাৰ পালন কৰি আনন্দৰে থাকিব লাগিব।
শনেই নতুন কথা কৈ আছে, সি ধর্ম, আচাৰ সকলো ভৰিৰে মোহাৰিছে। সি কৈ আছে যে, কোনো ধর্ম নাথাকিব, জাতি নাথাকিব, সমাজ নাথাকিব, জগতত ধনী-দুখীয়া নাথাকিব, সকলো সমান হ'ব। এইবোৰ জানো ভাল কথা, চুই ?
চিন্তেই
চুই হাঁহি মাৰি ক'লে- এইবোৰ মুঠেই ভাল কথা নহয়। তথাপিও ম’হ, মাখিৰ ভয়ত দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰত
বহি থকাটোও পৌৰুষালি নহয়। শনেই অবুজ ডেকা ল'ৰা। তাৰ ওপৰত অভিমান কিয় ? সি দেখোন এটা ফুঁত কুটাৰ দৰে উৰি যাব।
সি বলিয়ালি কৰিছে। তুমি চিঠি লেখা মহান্তি। সি যদি নাহে, আমাক অপমান কৰে তেতিয়া দেখা যাব।
আঙুলি টোঁৱালে তাৰ ঘৰ-দুৱাৰ, অহংকাৰ, গৰ্ব নিমিষতে ওলট-পালট হৈ যাব। যদি আহে, মিঞা চোলেমন, ৰাজীৱ জেনা, গোবিন্দ প্রধান, তোমালোক, সকলোৰে আগত মই তাৰ কথা তুলিম। তাৰ
বুকুত কিমান দম্ভ আছে, যে তেওঁলোকৰ কথাৰ বাহিৰলৈ যাব। যাওঁকচোন কোন বাটে যায়। কোন বাটে
যাবহে ? পৃথিবীৰ
বাহিৰলৈ গ'লেহে
সি ৰক্ষা পাব।
পুনৰ
হৰি মহান্তিয়ে আপত্তি কৰি ক'লে- শনেই পতিত হ'ল। সি যদি নিমন্ত্ৰণ ৰক্ষা কৰি আহে কোনখন সমাজত বহিব ?
চিন্তেই
চুইঁয়ে কথাটোত জোৰ দি ধমকিৰ সুৰত ক'লে- সি আগতে আহকচোন, মই তাক চাৰি কথা বুজাই ক'ম। যদি তাৰ মন পৰিৱৰ্ত্তন হয়, আমাৰ পুৰাণত অপবিত্ৰক পবিত্ৰ কৰিবলৈ, অজাতিক জাতি কৰিবলৈ অলেখ বিধান আছে।
পাত লুটিয়ালেই পহৰাজে সকলো বাহিৰ কৰিব পাৰিব। যিমান দিনলৈ তুলসী পাত আছে, গৰুৰ গোবৰ আছে, ধূপ বটপাত আছে, অপবিত্র কায়াক পবিত্ৰ কৰিবলৈ মুহূর্তও
নালাগিব। কি কোৱা পহৰাজ ?
পহৰাজে
খন্তেক ভাবি মূৰত হাত ফুৰাই ক'লে- সকলো বিধান আছে। ব্ৰাহ্মণৰ গাত লগুণ থাকিলে, মুখত চাৰি ফাকি মন্ত্ৰ থাকিলে যজমানৰ
হিতৰ বাবে সকলো হ'ব পাৰে। কিন্তু কথা হ'ল, শনেইৰ দৰে অবাধ্য, অনাচাৰীলোকৰ বাবে সেই বিধানবোৰে কি
কৰিব? সেই
বেলি তাক জাতিত তুলিবলৈ দিনে-ৰাতি পুথি-পাঁজি চাই মই জানো কম হয়ৰাণ হৈছিলোঁ!
তথাপি যজমানৰ আপত্তি যে খৰচ কম হ'ব লাগে। কোৱাচোন বাৰু, বিধি-বিধান মানি মুখত মন্ত্ৰ উচ্চাৰণ
কৰিলে, খৰচ
কমাম কেনেকৈ ?
চিন্তেই
চুইঁ ক'লে-
আপুনি ভাবিব নালাগে। সকলো ঠিক মতেই হ'ব। সি আগতে মোৰ
ওচৰলৈ আহকচোন। জাতৰ ল'ৰা এজনক জাতত মিলাবলৈ যদি পাঁচ পইচা অধিক প্রয়োজন হয় আৰু খৰচ বহন
কৰিবলৈ যদি তাৰ ক্ষমতা নাথাকে, আপুনি চাৰি পইচা নিদিবনে, পহৰাজ ?
পহৰাজে
সামান্য হাঁহি ক'লে- মই দুখীয়া ব্ৰাহ্মণ, দেশ সেৱাৰ কাৰণে দুপইচা খৰচ কৰিবলৈ মোৰ
সাধ্য ক'ত ? বেলেগৰ বাবে খৰচ কৰিবলৈ সাহস ক'ৰপৰা পাম ? হ'লেও ব্ৰাহ্মণৰ ধন ব্ৰাহ্মণস্ব, কোনে তাক হজম কৰিব ?
চিন্তেই
চুই হাঁহিলে।
নিধেইয়ে
ক'লে-
হৰি বাবু, চিঠি
লেখক, নহ'লে কলম, তালপত্র মোৰ হাতত দিয়ক।
অৱশেষত
হৰি মহান্তিয়ে কলম, তালপত্ৰ তলৰপৰা তুলি ল'লে। কৰ্ত্তাৰ কৰ্ম, সি কি কৰিব পাৰে!
পহৰাজে
ক'লে-
আপোনালোকৰ কথামতে শনেই পড়িৰা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিব পাৰে। কিন্তু সি যিসকলক
লগত ৰাখিছে সিহঁতক ত্যাগ কৰিব নোৱাৰিব। সি এইদৰে কৈ ধোবীৰ ফালে চাই বিনীতভাবে ক'লে- আই, তুমি অকণমান ভিতৰলৈ যাবা নেকি?
ধোবী
সাপৰ দৰে গৰ্জি উঠি ক'লে- মই সৰু ছোৱালী নহওঁ, আপোনাৰ যি ক'ব লগা আছে মোৰ সন্মুখতে ক'ব পাৰিব। আইৰ শ্ৰাদ্ধত কোন কোন
নিমন্ত্ৰিত হৈ আহিব মই জানিব বিচাৰোঁ। আপোনাৰ যদি কিবা ক'ব লগা আছে নিঃসংকোচে ক'ব পাৰে। পহৰাজে চিন্তেই চুইঁৰ ফালে চাই
সেমেনা-সেমেনি কৰি ক'লে- কই পাগলী গাঁৱৰ বাটে বাটে বলিয়ালি কৰি ঘূৰি ফুৰিছিল আৰু কৈ
ফুৰিছিল যে, শনেই
তাইৰ গিৰিয়েক। এই বিষয়ে গাঁৱলীয়াসকলক সুধি চাব পাৰে। কইঁৰ কোলাত যি শিশুটি আছিল, সি মৰিল। কিন্তু শিশুটো কাৰ ? মুখেৰে নক'লেও বুজিব পাৰি শিশুটো কাৰ আছিল। মানুহ
নির্বোধ নহয়। কইঁৰ কথাৰপৰা বুজা গৈছিল, শিশুটো শনেইৰে সন্তান আছিল!
ধোবী
চক্ খাই উঠিল, নিধেই
চুইও বিচলিত হ'ল।
হৰি মহান্তিৰ হাতৰপৰা কলম খহি পৰিল। তাৰ হোলা মুখখন মেল খাই গ'ল। চিন্তেই চুইৰ চকুত আগ্ৰহৰ জ্যোতি
উজলি উঠিল।
উত্তেজিতভাবে
পহৰাজে পুনৰ ক'লে-
ওপৰত ধৰ্ম আছে, সকলোতে
ভগবান আছে। পাপ কেতিয়াও লুকাই নাথাকে। ভয়ংকৰ দুৰ্ভিক্ষৰ
সময়ত বাটে বাটে ভিক্ষা মাগি ফুৰাৰ সময়ত শনেই এই অনীতি কৰ্ম কৰিছিল। ভাবিছিল, কই মৰি যাব আৰু কলংক গুচিব; কিন্তু কলংকৰ ফলত সেই শিশুটো মৰিল। কইঁ
নমৰি গাঁৱলৈ উভতি আহিল। বাটে বাটে চিঞৰি ফুৰিবলৈ ধৰিলে। সকলোৱে শুনিছে, তাই কৈ ফুৰিছে, শনেই তাইৰ দৰা, শনেই তাইক ত্যাগ কৰিছে, তাইৰ শিশুটো মৰিছে। বুজিলে চুই, কি কাৰণত আজি শনেই ধর্মাত্মা সাজিছে; অন্ধ, খুৰা, বিজাতিক ঘৰত আশ্রয় দিছে। কইঁক নি ঘৰত
ৰাখিছে, কইঁ
আজি শনেইৰ ঘৰৰ গৃহিণী। তাইৰ সেই বলিয়ালি এতিয়া আৰু নাই। শনেইৰ কলংকৰ কথা কইঁৰ
মুখেদি আৰু নোলাব। যি কৰিব খুজিছা, ভাবি-চিন্তি বুজি-শুনি কৰা। আমি
পুৰোহিত আমাৰ মুখেদি যি ওলাব, সকলো যজমানৰ হিতৰ বাবেই ওলাব।
কাৰো
মুখৰপৰা মাত নোলাল।
চিন্তেই
চুইঁৰ চকুৰ আগত ভাহি উঠিল ধোবীৰ মাকে তাইৰ মৃত্যুৰ সময়ত কোৱা সেই কথাবোৰ; ধোবীক শনেইলৈ বিয়া দিবা। মৃত্যুমুখী স্ত্ৰীক
তেওঁ তেতিয়া কথা দিছিল, তুমি নিজেই ধোবীক শনেইৰ হাতত দিবা। কথাবোৰ আজিও
তেওঁৰ কাণত বাজি আছে; পহৰাজে মিছা কোৱা নাই। শনেই নৰকৰ কীট! তথাপি সি পুৰুষ মানুহ। মন পৰিৱৰ্ত্তন
হ'লে
সকলো পৰিৱৰ্ত্তন হ'ব।
ধোবীৰ
কাণত বাজি উঠিল বহুদিনৰ বহু কথা; বহুদিনৰ বহু দৃশ্য তাইৰ চকুৰ আগত ভাহি উঠিল। ইমান ডাঙৰ কলংকৰ কাহিনী
লুকাই শনেই তাইৰ লগত ছলনা কৰিছিল! ধোবীক ঘৰৰ গৃহিণী কৰিবলৈ মন মেলিছিল!
ধোবী
চমকি উঠিল। তাই বহাৰপৰা উঠি কম্পিত কণ্ঠেৰে ক'লে- নাই নাই, শনেই পড়িৰাক নিমন্ত্ৰণ কৰা নহ'ব। দেউতা, তাক নিমন্ত্ৰণ কৰাৰ প্ৰয়োজন নাই। তাৰ
দেউতাকে এদিন তোমাক অপমান কৰিছিল, তোমাৰ ঘৰত চাকৰ থাকিবলৈ এদিন তাক মাতিছিলা, কিন্তু সি মান্তি হোৱা নাছিল । যিয়ে
নহওঁক কিয়, আজি
সি অনাচাৰী, ব্যাভিচাৰী, বিধৰ্মী, পতিত। তাক আইৰ শ্ৰাদ্ধলৈ মাতি এই
পবিত্ৰ ঠাই অপবিত্ৰ নকৰিবা ।
আটায়ে
আশ্চৰ্যচকিতভাবে ধোবীৰ কঁপি থকা দেহ আৰু চলচলীয়া চকুৰ ফালে চালে। চিন্তেই চুই
কোমল সুৰত ক'লে-
বাধা নিদিবি, আই, তোৰ মাৰৰ শেষ আশা....
বাধা
দি ধোবীয়ে উচ্চকণ্ঠত কৈ উঠিল- মাই ভুল বুজিছিল। মা আছিল পবিত্র, নিষ্কলংক। তাইৰ সুন্দৰ সৰল মন যিফালে
ঢাল খাইছিল, আৰু
নুঘূৰিছিল। তাইৰ চকুত আটায়ে ভাল মানুহ আছিল। তাই মোৰ সুখ বিচাৰিছিল। মই সুখী হ'লে তায়ো সুখী হ'ব, ইয়াকে ভাবিছিল। শনেই পড়িৰাৰ ঘৰত ভৰি
থ'লে
মই সুখী নহ'ম, দেউতা। মৃত মাৰ আত্মাৰ অপমানহে কৰা হ'ব।
নিধেই
ক'লে-
এয়া তই কি কৈছ, পাগলী!
ধোবীৰ
ৰুদ্ধ বেদনাৰ বান্ধ ভাঙি গ'ল। তাই ক'লে- সঁচাকৈয়ে কৈছোঁ, খুৰা। মাই যাক
বিচাৰিছিল, সিতো
অনাচাৰী শনেই পড়িৰা নাছিল।
চিন্তেই
চুইঁ ক’লে-
আই.....
ধোবীয়ে
ক'লে-
পহৰাজে যি ক'লে, সকলো সঁচা। বনেই পড়িৰাৰ পুতেক শনেই
পড়িৰালৈ নিমন্ত্ৰণী পত্ৰ নাযায়— নাযায়।
সৰি
পৰিব খোজা চকুপানী লুকাবলৈ ধোবীয়ে কম্পিত ভৰিত কোঠালিৰপৰা ওলাই গ'ল। কিন্তু তাইৰ চল্চলীয়া চকুপানীয়ে
দেউতাক-খুৰাকৰ চকুক এৰাই যাব নোৱাৰিলে।
পহৰাজে
ক'লে-
আই, ধন্য
তোৰ বুদ্ধি! নেদেখিলানে মহান্তি, চকুৰ আগত সাক্ষাৎ দূর্গা-মূৰ্ত্তি।
হৰি
মহান্তিয়ে চুইঁ ককায়েক-ভায়েকৰ ফালে কেৰাহিকৈ চাই ক'লে- কাৰ জীয়েক আৰু কাৰ বোৱাৰীয়েক
নাজানা নেকি, গোসাঁই!
নিধেই
হুমুনিয়াহ কাঢ়িলে।
চিন্তেই
চুই চমকি উঠাৰ দৰে ক'লে- নির্বোধ, পগলাটো! নিধেই, মোৰ নামতে শনেইলৈ চিঠি লেখাহি।
কথাটো
পহৰাজৰ বোধগম্য নহ'ল। লাহে লাহে তাৰ মুখ উজলি উঠিল। অদূৰ ভবিষ্যতে যে আৰু এটা নিমন্ত্ৰণী
সভা বহাৰ সম্ভাৱনা আছে, সি এই কথা ঠিক বুজিব পাৰিলে।
যিসকলক
নিমন্ত্ৰণী পত্ৰ পঠোৱা হৈছিল সিহঁতে উপঢৌকন আদি পঠাবলৈ ধৰিলে। হৰি মহান্তি, ৰাম পহৰাজ, নিধেই আদি কামত ব্যস্ত হৈ পৰিল।
শ্ৰাদ্ধলৈ মাজত দুই তিনিদিন বাকী, আগৰপৰাই সকলো বস্তুৰ বৰাদ্ধ নকৰিলে ইমান ডাঙৰ নিমিত্তকার্য সুকলমে সম্পন্ন
কৰা সম্ভৱ হ'ব
কেনেকৈ ?
আটায়ে
কামত ব্যস্ত থাকিলেও ধোবীৰ মন কিন্তু ক'তো বহা নাই। খুৰীয়েক ঘৰৰ মূৰব্বী।
দিয়া-লোৱা, ৰখা-থোৱা
সকলো খুৰীয়েকে কৰিছে। ভায়েক-ভনীয়েকহঁতৰ লগত হাঁহি-ধেমালি নাইবা দেৱতাৰ আগত
প্ৰাৰ্থনা কৰিও ধোবীয়ে শান্তিত সময় পাৰ কৰিবপৰা নাই। তাই জানে, তাইৰ বাধা নামানি দেউতাকে শনেইলৈ নিমন্ত্ৰণী
পত্ৰ পঠাইছে। শনেই অভিমান কৰি পত্রবাহকৰ আগত কৈ পঠাইছে যে, শনেই মজদুৰ, চুইঁৰ দুৱাৰত থিয় দিবপৰা মানুহ নেকি ? তথাপি সি নিমন্ত্ৰণ গ্ৰহণ কৰিছে; কিন্তু আজিলৈকে তাৰ কোনো খা-খবৰ নাই
কিয় ? যদি
সি নাহে, দেউতাকৰ
খং আৰু বঢ়াই তোলে, তাক অপমান কৰে শনেইৰ আৰু ৰক্ষা নাথাকিব।
শনেইৰ
নামত পহৰাজে যিবোৰ কথা কৈছে, ধোবীৰ বিশ্বাস নহ'লেও কথাবোৰ ভাবিলেই ধোবীৰ মন ভাৰাক্ৰান্ত হৈ উঠে। বুকুৰ মাজত বেদনা মোচড়
দি উঠে। সঁচাকৈয়ে সি কইঁৰ সৰ্বনাশ কৰি নিজক ইমান ভালৰি বোলাই জগতৰ লগত ছলনা কৰিছে
নেকি ? কথাটো
ভাবিলেই তাইৰ চকু সেমেকি উঠে। সি ছলনা কৰক, তথাপি সুখেৰে থাকক, ঘৰ-সংসাৰ কৰক।
কাৰ
ওচৰত তাই মনৰ দুখ জনাব ?
নীৰৱে
পাই পুণিক তাই সকলো কথা ক'লে- পুণি তই সকলো কথা জান। শনেই ককাইদেউ কিন্তু ভাল কাম কৰা নাই।
আমাৰ আটাইৰে ইচ্ছা আছিল, সি সুখেৰে ঘৰ-সংসাৰ কৰক, পড়িৰা বংশৰ নাম ৰাখক, দহজন মানুহৰ মাজত গণ্য হওঁক। কিমান ভাল
হ'লহেঁতেন
তেনেহ'লে!
পুণিৰ
কোলাত বনাই ইফাল-সিফাল কৰি আছিল। তিনি বছৰৰ ল'ৰা। কেনে সুন্দৰ, কেনে চঞ্চল! পুণিৰ কাপোৰ ধৰি টানি, বুকুত মুখ লুকোৱাই তাইক অস্থিৰ কৰি
তুলিছিল। বিৰক্ত হৈ পুণিয়ে চকু পকালে, বনাই কান্দি উঠিল। তাৰ সৰু সৰু নাকৰ
পাহি ফুলি উঠিল। ধোবীয়ে কৃত্রিম খং প্ৰকাশ কৰি ক'লে- এওঁক খং কৰিছ কিয়, পুণি ? দে এওঁক ক্ষীৰ দে ........
ধোবীৰ
সৰ্বশৰীৰ কঁপি উঠিল। এনেকুৱা ল'ৰা যদি তাইৰ পেটৰপৰা হ'লহেঁতেন! তাইৰ ঊষৰ বুকুৰপৰা নিগৰি
ওলালহেঁতেন যদি অমৃতধাৰা, শিশু দেৱতাৰ ওঁঠৰ পৰশত ধোবী তেতিয়া লভিলহেঁতেন স্বৰ্গীয় সুখ। তাইৰ মৰু সদৃশ
বুকুত বনাইক টানি ল'বলৈ তাইৰ মাতৃত্বই তাইক ইংগিত কৰে; কিন্তু সমাজে গঢ়া সংস্কৃতিয়ে কাণে
কাণে কয়, ছিঃ, বাউৰিৰ ল'ৰাটো অপবিত্র! হাত থমকি ৰৈ যায়, মুখত কয়, পুণি, ল'ৰাটোক নকন্দুৱাবি।
পুণিৰ
বুকুত বনাই মুখ লুকায় ৷
পুণিয়ে
কয়- ককাইদেউক কাবৌ-কাকুতি কৰি কিমান বুজালো; আমাৰ ঘৰত তাক এঘণ্টাও থাকিবলৈ দিয়া
নাই। তথাপি সি বলিয়া হ'ল। কত কি কাণ্ড কৰিলে, জাতি ত্যাগ কৰি পাঠান, পাণক ঘৰত ৰাখি পড়িৰা বংশৰ নাম ডুবালে।
তাৰ কি হৈছে, কিয়
এনেকুৱা কৰিলে ?
সবিত্রী
অমাৱস্যাৰ ৰাতিৰ ঘটনা ক’বলৈ ধোবীৰ ইচ্ছা জাগিল, শনেই পড়িৰাই তাইৰ ওপৰত অভিমান কৰিয়ে
নিজক ধ্বংস কৰিছে।
কোনোবাই
ধোবীৰ জিভা টানি ধৰিলে। তাই একো ক'ব নোৱাৰিলে।
পুণিয়ে
মিচিকিয়া হাঁহিমাৰি ক'লে- এষাৰ কথা সুধিম নেকি, বাইদেউ ? মৃত্যুৰ সময়ত তোমাৰ মাকে যি কৈ গ'ল তাত তোমাৰ মত আছে নেকি ?
ধোবীয়ে
তলমূৰ কৰিলে। তাইৰ মুখমণ্ডলত বিষণ্ণ ভাব ফুটি উঠিল। ক'লে- মোৰ মত অমতত কি আহে যায় ? অবিবাহিতা জী হ'ল পৰৰ হাতৰ পুতলা। তাত মোৰ কি কথা
থাকিব পাৰে? পুণি, তই এটা কাম কৰিব পাৰিবি নেকি ?
কি
কাম ?
তই
শনেই ককাইৰ ঘৰলৈ যাবি নেকি ?
পুণি
চক্ খাই উঠিল। কি সাহসত তাই বিষ্ণুপুৰৰ বাটত ভৰি থ’ব? দহজনে দহ কথা কৈ তাইক খাই পেলাব। যিদিনাৰপৰা তাই
মধু ভূঁইৰ ঘৰত ভৰি থৈছে, সিদিনাৰপৰা তাই নিজক মৃত বুলি ধৰি লৈছে । এতিয়া বিষ্ণুপুৰৰ লগত তাইৰ
কোনো সম্পৰ্ক নাই। কেনেকৈ তাই পুনৰ বিষ্ণুপুৰৰ বাটত ভৰি থ'ব ?
মনে
মনে থাকিলি যে ?
যামনো
কিয় ?
তোৰ
বাহিৰে কোনেও শনেই ককাইক সুপথত আনিব নোৱাৰিব। তোক দেখিলেই অন্নসত্ৰত খোৱাসকল ঘৰ
এৰি গুচি যাব। সিহঁতৰ কি প্রয়োজন ? খাই-বই সুখত থাকিবলৈ সিহঁতৰ যি
প্ৰয়োজন সকলো মই দিম। ইমান মানুহে ঠাই পালে, আৰু পাঁচজনক মই ঘৰ-বাৰী কৰি দিব
নোৱাৰিমনে? মোৰ
সম্পত্তি মই যাকেই নিদিও কিয়, কোনেও মুখ মেলি একো ক'ব নোৱাৰিব। তাক সকলো কথা বুজাই ক’বি, মই কৈছোঁ বুলিও কবি।
পুণি
সকলো বুজিব পাৰিলে। আগ্ৰহ আৰু আনন্দত তাৰ মুখমণ্ডল উজ্জ্বল হৈ উঠিল। পুলকিত হৈ তাই
উত্তৰ দিলে- যাম ধোবী বাইদেউ, লাজ- মান-অপমান যিয়ে নাহক কিয়, তোমাৰ বাবে মই হাঁহি হাঁহি সকলো সহি
যাম। তুমি যি কথা মুখ খুলি ক'লা আৰু যি মুখ খুলি নক'লা মই সকলো কথা ক'ম। চাম তাৰ বলিয়ালি কিমান দিন থাকে!
শনেই ককাই বয়সতহে ডাঙৰ, তাৰ ল'ৰামতীয়া স্বভাৱ এতিয়াও যোৱা নাই। সি খং অভিমান কৰিছে। ল'ৰালি দিনত বগৰী গছত উঠি বগৰী পাৰাৰ
সময়ত যিদৰে দাঁত নিকটাই মোক ভয় খুৱাইছিল, আজিও তেনেকৈ ভয় খুৱাইছে। ৰ'বাচোন, তাৰ মুখ ভাঙিহে এৰিম।
তই
বঢ়াই গল্প কৰিছ, পুণি?
মই
সঁচাকৈয়ে কৈছোঁ, পাছত চাবা। মই যাম, মোৰ লগত বনাইয়ো যাব, তাৰ দেউতাৰো যাব। মানুহে চাওঁক, কি কয় কওঁক। শনেই ককাইক আনি যদি তোৰ
কাষত থিয় কৰাব নোৱাৰো ......
ধোবী
বাধা দি ক'লে-চুপ..
চাই
থাকা মই কি কৰিব পাৰো। পুণিয়ে দৃঢ়কণ্ঠত ক'লে।
এনেতে
কান্ধত কুঠাৰলৈ মধু ভূঁই সেইখিনি পালেহি। পুণি খৰধৰ কৰি
বনাক কোলাৰপৰা নমাই দিলে। মূৰৰ ঘোমটা টানি ফুচফুচাই ক'লে- মৰণ মোৰ! আহিবলৈ আৰু সময় নাপালা ?
মধুৱাই
ক'লে-
আইদেউ, বাটৰ
কাষৰ চন্দ্ৰাতপ তৰা শেষ হ'ল। আপুনি অলপ চাই-মেলি দিয়াৰ পাছত লেপা-মোচাৰ কাম শেষ কৰিব বুলি
বৃদ্ধা আইতাই মোৰ আগত কৈ পঠালে৷
ধোবীয়ে
হাঁহি মাৰি ক'লে-
বৃদ্ধা আইতাই যেনেকৈ কৈছে, তেনেকৈয়ে কৰাগৈ যোৱা। মই চালে কাম বেছি হ'ব নেকি ? তোৰ ল'ৰাটোকো লগত লৈ যা।
বনা
খুপি খুপি মধুৱাৰ কাষলৈ গ'ল। মধুৱাই তাক কোলাতলৈ বাহিৰলৈ ওলাই গ'ল। ধোবী একেথৰে সেইফালে চাই থাকিল।
মধুৱা
ওলাই যোৱাৰ পাছত ধোবীয়ে ক'লে- মধুৱা ভূঁইৰ ঘৰৰ ল'ৰা হ'লে কি হ'ব? কোনোবা জনমত সি ৰজাৰ ঘৰৰ ল'ৰা আছিল।
পুণিয়ে
মনে মনে গর্ব অনুভৱ কৰিলে। পুনৰ ঈৰ্ষাত তাইৰ বুকুত কাঁইট বিন্ধাৰ দৰে অনুভূত হ'ল। ক’লে তাই- সঁচাকৈয়ে বাইদেউ, সি মোৰ ককায়েকে গচকি যোৱা ধুলিৰ সমানো
নহ'ব।
আহ্, নমৰ কিয় পোৰামুখী!
পুণিয়ে
হাঁহি মাৰিলে৷
x x x
কোনে
ঠিক কৰিছে, কোনে
ভুল কৰিছে ? কোননো
আকৌ নির্বোধ ?
ধোবী
হিন্দু সংস্কৃতিৰ অৱতাৰ। তাই সকলো সম্পত্তি দৰিদ্ৰ, নিৰাশ্ৰয়ৰ হাতত গতাই দিছে। মাটিৰ
দেৱতাৰ পূজাৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছে। ব্ৰাহ্মণৰ সেৱাৰ বাবে সম্পত্তি দান
কৰিছে। সংসাৰত থাকিও সন্ন্যাসীনিৰ দৰে সময় পাৰ কৰিছে। ধোবী সংযমৰ অৱতাৰ! চকুপানীৰ
মাজত তাই পাইছে আনন্দ— পাইছে শান্তি।
তাইৰ
সকলো ভুল।
সন্ধিয়াৰ
অন্ধকাৰ। আকাশ মেঘে ছানি ধৰিছে। পৱনৰ হিল্লোল নাই। গোমা বতৰ। শনেই নিশ্চল হৈ
বাটৰ দাঁতিত বহি আছে। দুআঁঠুৰ ওপৰত গুজি দিছে। ভাবিছে, পৃথিবীৰ ধৰা-বন্ধা নীতিত চলিলে কোনেও
আপত্তি নকৰে। মানুহে বিশ্বাস কৰে পুৰণি সকলো ঠিক। যি বাটেৰে
ককাক-বাপেকে বাট
বুলিছে, ভালেই
হওঁক আৰু বেয়াই হওঁক সেই বাটেৰে বাট বুলাই ঠিক। শ্মশানৰ ফালে হ'লেও সেই ফালেই যা।
নতুন
বাট তৈয়াৰ কৰা বৰ কষ্টসাধ্য কাম। কিমান ওখোৰা-মোখোৰা বাট। বাটৰ চাবপৰা নাই। মাজ
বাটত ৰথ থমকি ৰৈ যায়। ভগবানে হাঁহে। পুনৰ ৰথ পিছুৱাই লৈ আহে। পুৰণি বাটত ৰথ সৰসৰকৈ চলে। তেতিয়া
উভতি চাবলৈ মন নাযায়।
শনেইৰ
ৰথ থমকি ৰৈ গৈছে।
ধুমুহা, বৰষুণ মূৰত লৈ ৰহিম আৰু সি ধান ৰুইছে।
অথৰ্ব কাশী বেজ, পংগু
ভৰথ সামল ঘৰতে আছে।
যোহন
বুঢ়া দুদিন কাম কৰিয়ে জ্বৰত পৰিছিল। আহাৰ-নিদ্রা ত্যাগ কৰি দিনে-ৰাতি
সেৱা-শুশ্রূষা কৰি ৰহিমে তাক বচাই তুলিছে। জ্বৰ ভাল হ'লেও দুর্বলতা কমা নাই। খোজ কাঢ়িবলৈ গ'লেই দেহ কঁপে।
কইঁ
ঘৰৰ কাম শেষ কৰি বৰষুণ বতাহ আওকাণ কৰি ৰহিম আৰু শনেইয়ে কাম কৰি থকা গহীৰ বিললৈ
দৌৰি যায়। তাই অভিমান কৰি কয়- ঘৰলৈ নোযোৱা নেকি ? এনেকৈ বৰষুণত তিতি-বুৰি কাম কৰিলে জ্বৰ
হৈ মৰিবা ।
শনেই
কয়- তই যা, তোৰ
দুৰ্বল দেহ পৰি যাবি। কাম শেষ কৰি আমি তোৰ পিছে পিছে আহি আছোঁ।
ৰহিমে
কয়- যা, কইঁ
বাইদেউ।
কইঁ
নাযায়। তিতি-বুৰি তায়ো বোকাত নামি পৰে। ফলত দুদিন হ'ল তাই জ্বৰত পৰিছে। চকু মেলি চোৱা নাই।
ৰহিম তাইৰ শুশ্রূষাত লাগি আছে।
কিমান
দিন এনেকৈ চলিব ? সমজুৱাসকলে সিহঁতক এঘৰীয়া কৰিছে। এপইচাৰ ঠাইত চাৰি পইচা দিলেও
মজদুৰসকলে কাম কৰিবলৈ মান্তি নহয়। বিনা কাৰণতে সকলো বিবাদী হ'ল। কিন্তু কৰিব কি ? মানুহৰ সাহায্য ও সহানুভূতি নাপালে
ইমান মানুহকলৈ নিগমে মৰাৰ বাহিৰে উপায় নাই। কবিৰাজে যোহন খুৰাৰ বাবে ঔষধ পানী
পর্যন্ত নিদিয়ে। এতিয়া উপায় কি? ৰথ আৰু কিমান দিন চলাই নিব পাৰিব ?
যোহন
বুঢ়া গাই উঠিল- নয়ন মেলি চোৱা প্ৰভু, গৰীৱজনে.......
শনেই
কাণ পেলাই শুনিলে। কিমান আকুল মিনতি! কোনে শুনিছে তাৰ কৰুণ প্ৰাৰ্থনা! ভৰথৰ অচল
দেহক কোনেওতো সুস্থ কৰিব নোৱাৰে! বাটৰ কাষৰ ঘৰটোত অন্ধ কাশী বেজে গালে- ঘট এৰিলে
তোক বুলিব ভূতহে...
মুহূৰ্তৰ
ভিতৰতে কাণ ওভতাই শনেই পুনৰ ভাব সাগৰত ডুবি গ'ল। চিন্তেই চুই নিমন্ত্ৰণ কৰিছে।
উপহাস! পেটৰ কাৰণে যাৰ ওচৰত আঁঠু কাঢ়ি থিয় হৈছিল, যিয়ে চাকৰ ৰাখিবলৈ তাক মাতিছিল, এইজনে সেই চিন্তেই চুই যিজনে মজদুৰৰ
তেজ শোষণ কৰি ডাঙৰ মানুহ হৈছে! ইয়াতকৈ বিৰক্ত হয় যদি হওঁক, যি কৰে কৰক, সি কেতিয়াও নিমন্ত্ৰণ ৰক্ষা নকৰে।
বিলৰ মাজত স্বাধীনভাবে বৰষুণৰ পানীত তিতি-বুৰি, বোকা খচি কাম কৰি সি মৰি যাব।
ৰহিমে
মাতিলে- শনেই ককাই, কই বাইদেউৰ জ্বৰ বাঢ়িছে। তাই অস্থিৰভাবে তোমাক মাতিছে।
শনেই
উঠি ৰহিমৰ পিছে পিছে গ'ল।
কইঁ
অচেতন হৈ বিছনাত পৰি আছে। প্ৰদীপ উজ্জ্বল হৈ জ্বলিছে। যোহন বুঢ়া তাইৰ
শিতানত বহি মূৰত হাত ফুৰাই আছে। শনেই তাৰ কাষত বহি কইঁৰ কপালত হাত
দিলে। গা তপত, ধান
দিলে খই ফুটিব।
শনেই
ক'লে-
ৰহিম, তই ওৰেটো
দিন কাম কৰি ভাগৰুৱা হৈ আছ, তথাপি এটা কাম কৰিবলৈ ক'ম, কৰিবি নেকি ?
ৰহিমে
আগ্ৰহৰে সুধিলে- কি কাম ?
তই
বেজৰ ঘৰলৈ যা।
ৰহিম
নিৰুৎসাহিত হ'ল।
সুধিলে- বেজ আহিব জানো ?
হাতে-ভৰিয়ে
ধৰি খন্তেকৰ বাবে মাতিবি, নাহিলেও ঔষধতো দিব। যা।
অপেক্ষা
নকৰি ৰহিম ওলাই গ'ল।
শনেই
ক'লে-
তুমি বৰ দুৰ্বল হৈছা, যোহন খুৰা। যোৱা সিটো ঘৰত বিশ্ৰাম কৰাগৈ। তুমি যদি পুনৰ বেমাৰত পৰা, আটায়ে ব্যতি-ব্যস্ত হ’ব লাগিব ।
যোহনে
আপত্তি কৰিলে। শনেইয়ে তাক বুজাই-বঢ়াই বেলেগ ঘৰলৈ লৈ গ'ল। বিছনা পাৰি দিলে। যোহন শুই পৰিল।
শনেই
পুনৰ কইঁৰ ওচৰলৈ আহিল।
কইঁ
চকু মেলি চালে।
শনেই
ককাইদেউ কাষত বহিছে, মূৰত হাত ফুৰাই আছে। ঘৰৰ ভিতৰত বেলেগ কোনো প্রাণী নাই।
কইঁৰ
সপোন যেন ফলিয়ালে। এইখন ঘৰ তাইৰ, শনেই তাইৰ গিৰিয়েক। মিছা নহয়, সপোন নহয়, বলিয়ালি নহয়। ইমান দিন তাই সপোন
দেখিছিল। আজি তাই বাস্তৱলৈ ঘূৰি আহিছে। যাওঁক যাওঁক, পৃথিবীত প্ৰলয় হৈ যাওঁক। তাই তাইৰ
হৃদয়ৰ হেৰুৱা দেবতাক ওভতাই পাইছে। দিনে-ৰাতি যাক তাই বিচাৰি ফুৰিছে, যাৰ ভাবনাই তাইক পাগলী কৰিছে, সি আজি বাস্তৱ হৈ তাইৰ সন্মুখত
বিদ্যমান।
কইঁ
শনেইৰ পৰা চকু আঁতৰাই কেউফালে দৃষ্টি বুলালে । সঁটাকৈয়েতো আৰু
কোনো নাই ঘৰটোত। আছে একমাত্ৰ শনেই, তাইৰ মনৰ মানুহ । এয়া ৰোগ শয্যা নহয়, এয়া তাইৰ বাসৰ শয্যা। ওৰেটো জীৱনৰ শুভ
মুহূৰ্ত।
কইঁ
শনেইৰ ফালে তাইৰ দুৰ্বল হাত আগবঢ়ালে। তাই শনেইৰ হাত মুঠি মাৰি ধৰি শনেইৰ মুখৰ ফালে
চাই ৰ'ল।
শনেই
কইঁৰ শুকান মুখৰ ফালে চাই ক'লে- কইঁ, বার্লি অকণমান খাবি নেকি ?
কইঁৰ
শুকান ওঁঠত হাঁহিৰ বিজুলি খেলি গ'ল। দুচকু চলচলীয়া হ'ল। ক্ষীণ কণ্ঠত সুধিলে- এয়া কাৰ ঘৰ?
শনেই
ক'লে-
কিয় তই নাজান নেকি ? এইখন ঘৰ সকলোৰে, এইখন ঘৰ তোৰ ৷
কইঁ
ক'লে-
এইখন ঘৰ আটাইৰে বাবে? এইখন মোৰ ঘৰ নহয় ?
শনেই
ভাবিলে, জ্বৰৰ
প্ৰকোপ বেছি হোৱাৰ কাৰণে কইঁৰ অৱস্থা ভাল নহয়। তাইৰ মনত আঘাত দিলে পুনৰ তাইৰ বলিয়ালি
বাঢ়ি যাব পাৰে । সেয়ে সি বুজাই ক'লে- নাই নাই, এইখন তোৰ ঘৰ, এইখন ঘৰত যিসকলে আশ্ৰয় লৈছে, আটায়ে তোৰ। যোহন ককা, ৰহিম, কাশী, ভৰথ— সকলো তোৰ ।
কইঁ
হাঁহিলে। “এইখন
মোৰ ঘৰ” “এইখন
ঘৰ মোৰ” বুলি
যেন তাই গণিবলৈ ধৰিলে।
শনেই
তাইৰ হাতৰপৰা হাত এৰুৱাই লৈ ক'লে- ব্যস্ত নহ’বি, কইঁ। এইখন ঘৰ তোৰ, তই সোনকালে ভাল হৈ উঠ।
কইঁ
উল্লসিত হৈ উঠি বহিল। হাঁহি হাঁহি শনেইৰ ফালে কঠিন দৃষ্টিৰে চাই ক'লে- তই মোৰ দৰা, শনেই ককাই, মৃত্যুৰ সময়ত দেউতাকে মোক এই কথা কৈ
গৈছে। মোৰ হাতত ধৰি পেটৰ তাড়নাত কত গাঁৱে গাঁৱে ঘূৰি ফুৰিছে, হাত পাতি ভিক্ষা মাগিছে। নিজে নাখাই
মোক খোৱাই বচাইছে। কেতিয়াবা এই বিষয়ে সুধিলে কৈছে, ওপৰত ভগবান আছে, কইঁ। আমি কেতিয়াও
কাৰো অনিষ্ট কৰা নাই, ভগবান নিশ্চয় আমাৰ সহায় হ'ব। পুনৰ ভাল দিন আহিব। দেউতাই কৈ গৈছে, তেতিয়া ঘৰলৈ উভতি যাবি, তই পড়িৰা বংশৰ বোৱাৰী হ'বি। বনেই পড়িৰাই কি কৈছিল, শুনা নাছিলিনে ? ভাল দিন পুনৰ আহিব।
কইঁৰ
চকুৰপৰা লোতক সৰি পৰিল।
ক্ষীণ
কণ্ঠত তাই পুনৰ ক'বলৈ ধৰিলে- দেউতা অচল হ'ল। তাৰ আঁঠুৰ গাঁঠি ফুলি উঠিল। নাজানো
সেইখন গাঁৱৰ নাম কি। নৈৰ পাৰত, আম গছৰ কাষত বহুদিনৰ পুৰণি মন্দিৰটো। চাৰিওফালে ইটা, বালিৰ স্তুপ। সাপ, বিছা কিলবিলাই থাকে। দেউতা তাতে থাকিল।
চাৰিওফালে মগনীয়াৰ দল। দলে দলে আহিছে আৰু পৰি মৰিছে। শনেই ককাই, ভিক্ষা মাগি আনি দেউতাৰ মুখত ভাতৰ ফেন
দিওঁ। ভিক্ষাও নিমিলে। সেইখন গাঁৱত এটা ডাঙৰ ঘৰ। নাৰিকল গছৰ দৰে ওখ ধানৰ ভঁৰাল।
পালে পালে গাই গৰু। সি অকলেই দুখীয়াক ভাত-পানী যোগান ধৰে। কেইদিনমানৰ
ভিতৰতে তেওঁৰ ধানৰ ভঁৰাল আধা হ'ল। ফলত অন্নসত্ৰ বন্ধ হ'ল। কেইদিনমান অনশনে থকাৰ পাছত যিয়ে
যিফালে পাৰে গুচি যাবলৈ ধৰিলে। মই যাব নোৱাৰিলোঁ। দেউতাৰ দেহ লাহে লাহে বেয়াৰ
ফালে ঢাল খাইছে, উঠি
বহিবলৈ শক্তিকণো নোহোৱা হৈছে। সদায় চিঞৰিছে- কইঁ, ভাতৰ ফেন দে...... তোমাক কেনেকৈ ক'ম, তাৰ পাছত কি হ'ল ।
দেউতাৰ
চিঞৰ-বাখৰ সহ্য কৰিব নোৱাৰি সন্ধিয়া সময়ত ফেনৰ বাবে লুকাই-চুৰকৈ এঘৰত সোমাই
পৰিলোঁ। এজন মানুহ, তাক মই চিনি নাপাওঁ, সি মোক ধৰি ৰাখিলে, ভাতৰ ফেনৰ লোভ দেখুৱালে। দেউতাৰ
চিঞৰ-বাখৰ তেতিয়া মোৰ কাণত বাজি আছিল, কইঁ, ফেন অকণমান দে, আই। বহুদিনৰ উপবাসী। ভোকত মোৰ পেট
জ্বলি আছিল। ৰাক্ষসৰ দৰে সেই মানুহজনে মোক বুকুত সাৱটি ধৰি কাণে কাণে ক'লে- এটা মাথোন পেট তোৰ, কিমান ভাত খাবি, কিমান ফেন খাবি ?
শনেই
ককাই, অৰ্দ্ধমৃত
অৱস্থাত কঁপা কঁপা ভৰিৰে থৰক-বৰক খোজ পেলাই কোনোমতে দেউতাৰ ওচৰলৈ উভতি আহিবলৈ
ধৰিলোঁ। এখন হাতত পানীৰ পাত্ৰ আৰু আনখন হাতত কাপোৰত বন্ধা গৰম ভাত, লোণ, তৰকাৰী। দেউতাই খাব, কিমান সুখী হ'ব! দেউতা জীয়াই থাকিব।
ভাল
মানুহ সি।মোক বুকুত সাৱটি ধৰি মৰম কৰি নিকৃষ্ট, মলিয়ন ভিখাৰীণীজনীৰ কাণে কাণে কৈছিল-
প্রত্যেক দিন সন্ধিয়া সময়ত আহি ভাত লৈ যাবিহি। সি ভাল মানুহ আছিল ।
আনন্দ
মনেৰে দেউতাক কথাটো ক'বলৈ, তাৰ মুখত আহাৰ তুলি দিবলৈ লৰি আহিলোঁ। দেউতা জীয়াই থাকিব, আৰোগ্য হ'ব!
জোনাক
ৰাতি। নৈৰ পাৰত থকা সেই ভঙা মন্দিৰটোলৈ আহিলোঁ।
দেউতাৰ
দেহত প্ৰাণ নাছিল। বহু আগতেই মৰি কাঠ হৈ গৈছিল।
বুকু
চপৰিয়াই কান্দিলোঁ। দেউতাৰ প্ৰাণহীন মুখত ভাত দিলোঁ, পানী দিলোঁ, কিন্তু সি নুঠিল। মই সেই মৃতদেহৰ
কাষত বহিয়ে সমস্ত ভাত খালোঁ, পানী খালোঁ।
ৰাতি
পুওৱাৰ আগতেই দেউতাৰ প্ৰাণহীন দেহ এৰি থৈ যিফালে চকু যায় সেইফালে খোজ ল'লোঁ।
কইঁ
চকুপানী মচিলে। শনেইৰ নিজকে অপৰাধী যেন লাগিল। কইঁ দেউতাকৰ বাবে সৰ্বস্ব দিলে; আৰু শনেই পেটৰ কাৰণে দেউতাকৰ জীৱন ল'লে!
কইঁ
পুনৰ ক'বলৈ
ধৰিলে- পাপ-পুণ্য কি মই জনা নাছিলোঁ। বুজা নাছিলো যে, মই অপৰাধ কৰিছোঁ। সেয়ে যিয়ে মোক
চকুৰ ঠাঁৰেৰে মাতিছিল, এমুঠি ভাতৰ লোভ দেখুৱাইছিল, কোনো কথা নাভাবি, নিঃসংকোচে পেটৰ তাড়নাত ভাতৰ মূল্যৰ
বিনিময়ত মোৰ নিকৃষ্ট দুৰ্বল দেহ তাৰ হাতত, তাৰ আগত পাতি দিছিলোঁ। অৱহেলা দেখিলে
সেই ঠাই এৰি অন্যান্য মগনীয়াৰ লগত বেলেগ ঠাইলৈ গুচি গৈছিলো, পেটৰ জ্বালাত, জীয়াই থকাৰ আশাত।
সময়
বাগৰিল। যিয়ে দেখে সিয়ে সোধে, তোৰ স্বামী ক'ত ? পেটৰ শিশুটোক দেখি বুজিলোঁ মই অন্যায় কৰিছোঁ, পাপ কৰিছোঁ, দুৰ্নীতি কৰিছোঁ। স্বামী নোহোৱাকৈ
শিশুৰ মা হোৱাৰ অধিকাৰ মোৰ নাই। যাৰ স্বামী আছে, তায়ে পেটত সন্তান ধাৰণ কৰাটো বিধি। শনেই ককাই, সকলোৱে কয়, তুমি মোৰ স্বামী। কিন্তু তোমাৰ শিশুতো
মোৰ পেটত নাছিল, কাৰ
শিশু সেয়া মই নিজেও নাজানো। বৰং বাটে-ঘাটে পৰি, পেটৰ জ্বালাত মৰাই উচিত আছিল। কোনেও মোক এই কথা
শিকোৱা নাছিল।
কইঁ
ঘন ঘনকৈ উশাহ ল'বলৈ
ধৰিলে। অচল-অটল শিলৰ মূৰ্ত্তিৰ দৰে শনেই বহি থাকিল। তধা লাগি একেথৰে
চাই থাকিল কইঁৰ মুখলৈ।
কইঁ
ক'বলৈ
ধৰিলে- শিশুটো যেতিয়া নিৰ্জন বাটৰ দাঁতিত মোৰ কোলালৈ আহি ‘উৱা উৱা” বুলি কান্দিবলৈ ধৰিলে, যেতিয়া তাৰ কিচকিচিয়া ক'লা সৰু সৰু চকুযুৰি দেখিলোঁ, হাত নুঠিল, সত নগ'ল, তাৰ মুখ চিৰদিনৰ কাৰণে বন্ধ কৰি মানুহৰ
চকুত নিষ্কলংক হ’বলৈ। তেতিয়া মোক বহুতে বহু কথা শিকাইছিল। কিন্তু কোনো কথাতে মই
গুৰুত্ব দিয়া নাছিলো। মই আগতে ভাবিছিলোঁ, পাপ চিহ্ন মচি দি পুনৰ এইখন ঘৰলৈ, তোমাৰ কাষলৈ উভতি আহিম। কিন্তু আহিব
নোৱাৰিলোঁ। জগতৰ চকুত যি কলংকৰ বোজা তাক বুকুত সাৱটি ধৰি লোকৰ দুৱাৰে দুৱাৰে
ভিক্ষা মাগি ফুৰিবলৈ ধৰিলোঁ। শেষত তাকেই শ্মশানৰ ভূমিত শুৱাই দিলোঁ।
শনেই
ককাই, কলংকৰ
চিহ্ন মচ খালে, কিন্তু
কলংক নুগুচিল। শেষত মই পাগলী হ'লোঁ। মানুহৰ ওচৰত মোৰ পাগলী বুলি পৰিচয় হ'ল। গাঁৱে গাঁৱে ঘূৰি
ফুৰিলোঁ। নিজৰ কলংকৰ কথা মই নিজেই গাই ফুৰিবলৈ ধৰিলোঁ— পাহৰি যোৱা এইখন গাঁৱৰ কথা, মোৰ স্বামী শনেইৰ কথা মানুহৰ আগত কৈ
ফুৰিবলৈ ধৰিলোঁ।
কইঁ
খিলখিলাই হাঁহি উঠিল। ক'লে- হঠাৎ এইখন গাঁৱলৈ আহিলোঁ, অতীতৰ বহু কথাই মোৰ মনৰ পৰ্দাত ভাহি
উঠিল। আজি মই এইখন ঘৰত আশ্ৰয় লৈছোঁ, তুমি শনেই পড়িৰা, তুমিয়ে মোৰ স্বামী আছিলা, মোক তুমিয়ে আশ্রয় দিছা। মই বলিয়া
নহওঁ, শনেই
ককাই, বলিয়া
তুমিহে! পৰৰ বাবে পৰিশ্ৰম কৰি মৰিছা, পৰৰ কাৰণে জাতি, ধৰ্ম বিসৰ্জন দিছা, গাঁৱৰ মানুহৰ ওচৰত অপমানিত হৈছা, কইঁ পাগলীক ঘৰত আশ্রয় দি কৈছা, তুমি কইঁৰ গিৰিয়েক!
শনেই
দীর্ঘ হুমুনিয়াহ কাঢ়িলে।
কইঁ
উত্তেজিতভাবে বহাৰপৰা উঠি থিয় হ'ল। উচ্চকণ্ঠত ক'লে তাই-তুমি মোক ঠগিছা, নহয়নে ? মই ভিখাৰিণী, মই দুঃখীনি, মই পাপ কৰিছোঁ, অন্যায় কৰিছোঁ, মই কুলত্যাগীনি, ধর্মত্যাগীনি, মোক কোনেও ঘৰত আশ্রয় দিব নোৱাৰে। কোনে হ'ব মোৰ স্বামী ? মিছা, সকলো মিছা। মই এইখন ঘৰত নাথাকোঁ, মই যাম, মই গুচি যাম।
কইঁ
ঢলংঢপংকৈ আগবাঢ়িল। আকাশৰপৰা সৰি পৰা যেন লাগিল শনেইৰ। সি বহাৰপৰা উঠি থিয় হ'ল। কহঁৰ হাতত ধৰি ক'লে- কই তই বহ। মই কি কওঁ শুনচোন ।
শনেই
বলপূর্বকভাবে কইঁক বিছনাত বহুৱাই দিলে। কইঁ কঠিন দৃষ্টিৰে শনেইৰ মুখৰ ফালে চাই থাকিল। শনেই তাইৰ হাতত
ধৰি কোমল সুৰত ক'লে- তই বৰ দুৰ্বল হৈছ, কইঁ। তোৰ জ্বৰ, তোৰ শৰীৰ জ্বৰৰ তাপত পুৰি আছে। তোৰ সকলো কথা মই
শুনিলোঁ। তই মোৰ কথা নুশুনিবিনে ? তই অকণমান শুই ল'। তোৰ গা ভাল পালেই মোৰ কথা শুনিবি। একো লুক-ঢাক নকৰাকৈ সকলো কথা তোক ক'ম মই। তই পাতকী নহয়, পাতকী মইহে।
শনেইৰ
কথামতে কইঁ শুই পৰিল। শনেই তাইৰ গাত চাদৰ জাপি দিলে। বহু সময় হ'ল, ৰহিম কবিৰাজ মাতিবলৈ গৈছে, কিন্তু এতিয়ালৈকে উভতি অহা নাই।
অন্ধকাৰ ৰাতি। ল'ৰা মানুহ। ভৰথিয়াৰ গীতো কেতিয়াবাই বন্ধ হৈ গৈছে। হয়তো টোপনি গৈছে! যোহন ককাই নাক ডকাই টোপনি গৈছে। মাজে সময়ে কাশী
বেজে চৰাঘৰত গুণগুণাই গাইছে- প্ৰাণবায়ু ওলাই গ'লে তোক বুলিব ভূতৰে....
শনেই
উঠি থিয় হ'ল।
বাৰ্লিৰ গিলাচ হাতত লৈ কইঁৰ ওচৰলৈ আহিল। কইঁৰ মুখৰপৰা চাদৰখন গুচাই দি সি ধীৰে
ধীৰে ক'লে-
এই বার্লিখিনি খাই ল', কইঁ।
কইঁ
চকু মেলি চালে। শনেই তাইৰ মুখৰ আগত গিলাচ ধৰিলে। কইঁ ঢক্ঢক্কৈ বাৰ্লিখিনি খাই
পুনৰ চকু মুদিলে।
শনেই
লাহে লাহে তাইৰ মূৰত হাত ফুৰাবলৈ ধৰিলে।
বহু
সময় পাছত ৰহিম উভতি আহিল। সি শুকান মুখত তলমূৰ কৰি ক'লে- কবিৰাজে ঔষধ নিদিলে, ককাই। কিমান কাকুতি-মিনতি কৰি ক'লোঁ, তথাপি নিদিলে। সি ক'লে যে, সমজুৱাসকলে হেনো তাক ঔষধ দিবলৈ নিষেধ
কৰিছে। যিয়ে আমাৰ লগত সম্পৰ্ক ৰাখিব, তাকেই হেনো এঘৰীয়া কৰিব।
শনেই
ক'লে-
বাৰু, তই
এতিয়া শুই থাকগৈ। ৰোগীৰ ওচৰত মই থাকিম। প্রয়োজন হ'লে তোক মাতিম।
ৰহিম
শনেইৰ কথামতে বেলেগ ঘৰলৈ গ'ল।
শনেই
উজাগৰে বহি কইঁক ৰখি থাকিল। তাৰ মূৰত ভাবনাৰ লহৰে ঢৌ খেলিবলৈ ধৰিলে। সি উপলব্ধি কৰিলে, সি যি কৰিছে, সকলো ভুল । পুৰণি কালিকা লগা সমাজত
চলিবলৈ হ'লে
বহু ধৰা-বন্ধা নিয়ম মানি চলিব লাগিব। কোনটো ভুল, কোনটো সঠিক কোনেও নাজানে। মানুহৰ
স্বাধীন বাট বুলাৰ বাটত হেঙাৰ হৈ থিয় দিছে ধনীৰ দল। চিন্তেই চুইৰ দৰে
মানুহৰ বাবে হাজাৰ হাজাৰ বছৰ আগত যি ধর্ম ও নিয়ম গঢ়ি উঠিছিল, যি বিশ্বাসে মানুহৰ তেজত যুগ যুগ ধৰি
আসন পাতি বহিছে, সেই
বিশ্বাস আৰু তাৰ পুজাৰী যি পহৰাজ, আৰু এই দুজনক বান্ধি ৰাখিবৰ বাবে যি আইন গঢ়া হৈছে তাক উলাই কৰি চলা
সহজ সাধ্য নহয়।
শনেই
যি কৰিছে সমাজৰ চকুত সকলো ভুল, সকলো অন্যায়। পিতৃৰ মুখত আহাৰ দিবলৈ যি কইঁয়ে ভাল-বেয়া
বিচাৰ-বিবেচনা নকৰি নিজৰ দেহ বিক্ৰী কৰিছে, জীৱন বচাবলৈ পাপ-পুণ্যৰ ধাৰণা পাহৰি
পেটৰ বাবে অজানা পুৰুষৰ বুকুত নিজক সঁপি দিছে, যিজনীয়ে নিজৰ কু-কৰ্ম নুলুকাই অবৈধ
সন্তান বুকুতলৈ বাট বুলিছে, তাই কলংকিনী! ধৰ্মত, সমাজত তাইৰ স্থান নাই। যিজনে তাইক আশ্রয় দিব সিও পতিত হ'ব।
হওঁক
সি পতিত, লোকে
তাক ঘৃণা কৰক, তথাপি
কইঁ আশ্ৰয় পাব তাৰ ঘৰত, তাৰ বুকুত। কোনেও নুবুজিলেও শনেই বুজিছে, কইঁ নিষ্পাপ, নিলংক; কইঁ নির্মল, পবিত্র!
ধোবীৰ
মুখমণ্ডল শনেইৰ চকুৰ আগত ভাহি উঠিল। এইখন ঘৰলৈ শিৱৰাত্ৰিৰ নিশা ধোবী আহিছিল। আজি ধোবী এইখন
ঘৰত নাই, আছে
কইঁ। ধোবী; পুৰণি
সংস্কৃতিৰ প্ৰতীক। কইঁ নিৰাশ্ৰয়া। ধোবীয়ে তাক বিদায় দিছে, কিন্তু কইঁ তাৰ কাৰণে বলিয়া হৈ লৰি
আহিছে। কইঁ তাৰ ভুল বাটৰ সহযাত্রী। যাওঁক, ধোবীৰ স্মৃতি হৃদয়ৰপৰা মচি যাওঁক, কইঁয়ে তাত আসন পাতি বহক। যি কইঁ বিনা
আপত্তিত শনেইৰ বাবে পীড়িতা, হাঁহি হাঁহি জীৱন দিবলৈ প্ৰস্তুত, সেইজনী কইঁয়ে হওঁক এইখন ঘৰৰ গৃহিণী।
কইঁ
ব্যস্তভাবে হাত লৰালে। মুখৰপৰা চাদৰ গুচাই পেলালে। চকু মেলি চালে।
শনেইক কাষত বহি থকা দেখিলে। হাঁহো হাঁহো মুখ। শনেই কইঁৰ কপালত হাত বুলালে। ঘাম; চাদৰ জাপি শোৱাৰ ফলত কইঁৰ দেহ ঘামিছে, অর্থাৎ জ্বৰ এৰিব।
শনেই
চাদৰ গুচাই দিলে।
সো-সোৱাই
নিশা গৰ্জন কৰিছে। ক'তো অকণো সাৰ-সুৰ নাই। শনেই চাকিত তেল ঢালি চাকিটোলৈ বাহিৰলৈ ওলাই
আহিল। চাকিটো লৈ ঘৰে ঘৰে সোমাই দেখিলে, সকলো টোপনিত অচেতন। পৰিষ্কাৰ-পৰিচ্ছন্ন
ঘৰ। কইঁৰ হাতৰ পৰশত সকলো
উজ্জ্বল হৈ উঠিছে। ৰান্ধনি ঘৰ আৰু ভঁৰাল ঘৰৰ দুৱাৰ বন্ধ। সিকাষৰ ঘৰত যোহন ককাই নাক
ডকাই আছে, তাৰ
ওচৰতে অলপ আঁতৰত মূৰৰ তলত এখন হাত গাৰুৰ দৰে দি মাটিৰ ওপৰত ৰহিম শুই আছে। চৰা ঘৰত
কাশী বেজ আৰু বাৰাণ্ডাত ভৰথ সামল কাপোৰ পাৰি শুই আছে।
চাকিটো
বাৰাণ্ডাত নমাই থৈ শনেই বাহিৰলৈ ওলাই আহিল। আকাশত মেঘ জমিছে।
বতাহ নাই। শনেই ঘৰৰ সন্মুখত থিয় হৈ আন্ধাৰত বুৰগৈ থকা ঘৰৰ ফালে চাই থাকিল। এইখন
ঘৰ ধোবীৰ ধনেৰে তৈয়াৰী। ধোবীৰ ধন, ধোবীৰ আগ্ৰহ, মমতা, চকুপানীয়ে তাৰ যুৱক হৃদয়ত যি
উন্মাদনা জগাইছিল, মনত যি আশাৰ সঞ্চাৰ কৰিছিল, তাৰেই ফল এইখন ঘৰ, এই সম্পত্তি, শনেইৰ জীৱন।
সবিত্রী
অমাৱস্যাৰ নিশা যদি ধোবী তাৰ মনত আঘাত নিদিলেহেঁতেন, এইখন ঘৰৰ অৱস্থা আজি কি হ'লহেঁতেন ? যিসকলে আজি এইখন ঘৰত আশ্রয় পাইছে, যিসকল এইখন ঘৰৰ আত্মীয় হৈছে, সিহঁত আজি ক'ত থাকিলহেঁতেন ? ধোবীৰ হাতত ধৰি এইখন ঘৰলৈ আনিব পাৰিলে, পুৰণি বাটেৰেই সি চলাই নিলেহেঁতেন তাৰ
জীৱন ৰথ। জগতৰ ধৰ্ম, সংস্কৃতি, জাতি, সম্পত্তি সকলো মানিলৈ সকলোৰে আগত মূৰ দোঁৱাই সি গঢ়ি তুলিলেহেঁতেন
অনাদি কালৰ ঘৰ-সংসাৰ ।
সি
আজি যি কৰিছে আৰু যি কৰিব সকলো ভুল ? স্বার্থ ত্যাগ কৰি মানুহ পৃথিবীত
জীয়াই থাকিব নোৱাৰে। মানুহে যি কৰে, আগতে সি নিজৰ কাৰণে কৰে, পাছত সমাজ, দেশ ও জাতিৰ কাৰণে কৰে। সকলো মোৰ আৰু
মই সকলোৰে বাবে। এই কথা মাথোন সংসাৰ বিৰাগী সন্ন্যাসীৰ কাৰণে সম্ভৱ, শোভনীয়। সমাজত থাকি, ঘৰ-সংসাৰ কৰি, এই ধাৰণা লৈ কাম কৰা অসম্ভৱ। যিয়ে
এনেকুৱা কাম কৰে, সি বলিয়া, ভ্ৰান্ত।
সকলো
মানুহ সুখত থাকক, সকলো মানুহ স্বাধীন হওঁক, সমান হওঁক, এয়া হ'ল মাথোন মনুষ্য জাতিৰ আদৰ্শৰ বুলি, বাস্তৱ ক্ষেত্ৰত এই আদর্শ প্ৰতিফলন কৰা
সম্ভৱ নহয়। আটায়ে নিজৰ নিজৰ কৰ্মফল ভুগিব লাগিব। এই জগতত সুখ্যাত হৈ থকাৰ আগ্ৰহ, এয়াই হ'ল সত্য, স্বাভাৱিক, বাস্তৱিক। নহ'লে মানুহে কৰ্ম কৰিব কিয় ? তাৰ পৰিশ্ৰমৰ ফল যদি সি ভোগ কৰিব
নোৱাৰে মানুহ হ'ব
নিষ্ক্ৰিয়, নিষ্কৰ্মা। তাৰ কাম কৰাৰ প্ৰেৰণা হেৰাই যাব। মানুহৰ সভ্যতা, মনুষ্য জাতিৰ ঐতিহ্য লোপ পাব।
মানুহে
কৰ্ম কৰে নিজৰ বাবে, আৰু নিজৰ বংশধৰসকলৰ বাবে, যাৰ মাজত জীয়াই থকাৰ বাসনা জাগ্ৰত হৈ
থাকিব অনন্ত কালৰ বাবে। মানুহে সঞ্চয় কৰে নিজৰ বাবে, পুনৰ আহিব লগা উত্তৰ পুৰুষৰ বাবে।
ধোবী
ঠিকেই কৰিছে, কিন্তু
শনেই উত্তেজনা আৰু অজানা অভিমানবশতঃ ভুল কৰিছে। ধোবী নিঃসহায়ৰ
কাৰণে আত্মবলিদান দিছে। দেশৰ আগত, সমাজৰ আগত আদৰ্শৰ স্তম্ভ গঢ়িছে!
আটায়ে যেতিয়া এই কাম কৰিব মনুষ্য জাতিৰ দুখ গুচিব, সকলো মানুহ আনন্দত, সুখত থাকিব। আটায়ে
ডাঙৰ হ'বলৈ
কাম কৰিব। শনেই যি কৰিছে, সকলো ভুল। মনুষ্য জাতিক নিশ্চেষ্ট কৰিবলৈ, নিষ্কৰ্মা কৰিবলৈ, মনুষ্য জাতিৰ সভ্যতা লোপ কৰিবলৈ সি
কৰ্ম কৰিছে।
শনেই
অস্থিৰ হৈ উঠিল। কোনোবাই যেন তাৰ কাণে কাণে ক'লে- এই সকলোবোৰ মোৰ, মোৰ, মোৰ! দেহৰ তেজ নিগৰাই সকলোবোৰ গঢ়িছো, মোৰ বাবে, মোৰ সুখৰ বাবে, আনন্দৰ বাবে। আটাইয়ে মোৰ আশ্রিত, যোহন ককা, ৰহিম, কাশী, ভৰথ সকলোৰে বাবে মই আত্মবলিদান দিম।
দেহৰ তেজ নিগৰাই সকলোকে জীয়াই ৰাখিম। আটায়ে মোৰ আশ্রিত, অতিথি, বন্ধু।
শনেই
মূৰত হাত বুলাই গৃহৰ ফালে খোজ ল'লে। ধোবীৰ অশ্রুসজল চকু তাৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল। ধোবীৰ অনুৰোধ
তাৰ কাণত বাজি উঠিল, তুমি বিয়া কৰোৱা, শনেই ককাই। উত্তেজনাত, অভিমানত শনেইয়ে কৈ আহিছিল, সি বিয়া কৰাব, সি সংসাৰ পাতিব।
কইঁ
হ’ব
তাৰ ঘৰৰ গৃহিণী।
যিগৰাকী
পিতৃৰ সি জীৱন লৈছে তেওঁৰে ইচ্ছা সি পূৰ্ণ কৰিব। পাপ-পুণ্যৰ কথা নাভাবি এমুঠি ভাতৰ
বাবে, নিজৰ
অচল, ৰুগ্ন
দেউতাকৰ মুখত আহাৰ তুলি দি জীয়াই ৰখাৰ বাবে যিজনীয়ে নিঃসংকোচে নিজৰ দেহ বিক্ৰী
কৰিছে, সেই
ৰুগ্ন কংকালসাৰ কইঁৰ ইচ্ছা সি পূৰ্ণ কৰিব।
কইঁ
হ'ব
তাৰ গৃহিণী। তাৰ ভৱিষ্যত বংশধৰসকলৰ জননী। কইঁ ভিখাৰিণী, সমাজৰ চকুত তাই কলংকিনী। যিজনীক এইখন
ঘৰৰ গৃহিণী কৰিবলৈ উভয় ঘৰৰ আগ্ৰহ আছিল, সেই ভিখাৰিনী কইঁ হ'ব ভিখাৰী শনেইৰ গৃহিণী আৰু বাকী আটায়ে
হ'ব
সিহঁতৰ আশ্রিত।
শনেই
গৃহৰ ভিতৰলৈ সোমাই আহিল। কইঁ শোৱাৰপৰা উঠি কাৰোবাক যেন বিচাৰি আছিল। শনেই ততাতৈয়াকৈ তাইৰ ওচৰলৈ
আহিল।
শনেই
কইঁৰ হাতত ধৰিলে। দেহ চেঁচা পৰি আছে। অর্থাৎ জ্বৰ এৰিছে। কইঁ বিছনাৰ ওপৰত বহি
পৰিল। ক'লে-
মোৰ এনেকুৱা জ্বৰ মাজে সময়েই উঠে। জ্বৰ উঠিলে মানুহৰ বাৰাণ্ডাত শুই থাকোঁ, জ্বৰ এৰিলে আকৌ গুচি আহোঁ, কিন্তু মৃত্যু নহয়। অকণমান পানী দিয়া, ককাই।
শনেই
পানী আনি দিলে। কইঁয়ে পানী খাই ক'লে- জ্বৰ হৈ মই দুদিন ধৰি পৰি আছোঁ। তোমালোকে এই দুদিন কি খালা ?
ৰহিমে
ভাত ৰান্ধিছে আৰু যোহন ককাই তাক সহায় কৰিছে। তই শুই পৰ কইঁ। ৰাতিপুৱালৈকে
সম্পূর্ণ ভাল পাই যাবি। ৰাতিপুৱাবলৈকো বেছি পৰ নাই ।
তুমি
উজাগৰে বহি আছা?
শনেই
উত্তৰ নিদিলে। কইঁৰ শুকান মুখমণ্ডলৰ ফালে সি একেথৰে চাই থাকিল। কইঁ দুঃখিত হোৱাৰ
দৰে ক'লে-
শনেই ককাই, মই
পাগলীজনী, জ্বৰৰ
তাপত নাজানো কি বলকিছোঁ!
শনেই
বিহ্বল হ'ল।
কইঁৰ হাতত ধৰি ক'লে- তোক পাগলী কৰিছে এইখন পৃথিবীয়ে। কইঁ, তই মোৰ এষাৰ কথাৰ উত্তৰ দিবি নেকি ? সুধিম ?
কইয়ে
অনুনয়ৰ সুৰত ক'লে-
কি ?
মই
কোন, কইঁ? ক'চোন ক'।
জ্বৰৰ প্ৰকোপত তই জীৱনৰ সকলো কথা কৈছ, কইঁ। জগতে তোক ঘৃণা
কৰিছে, সমাজে
তোক ত্যাগ কৰিছে, আটায়ে প্ৰত্যক্ষ কৰিছে তোৰ বাহ্যিক কৰ্ম, কিন্তু তোৰ মনৰ কথা বুজিবলৈ কোনেও
চেষ্টা কৰা নাই। কইঁ, খন্তেকৰ কাৰণে মনত পেলা তোৰ মৃত দেউতাকৰ কথা, মোৰ দেউতাৰ কথা। দুজনে যিদিনা
আমাৰ বিয়া পাতি দিবলৈ ইচ্ছা কৰিছিল, সিদিনাৰপৰাই তই এইখন ঘৰৰ গৃহিণী। মাজত
যি ধুমুহা-ঝঞ্জা বৈ গ'ল তাৰ বাবে কোনো দায়ী নহয়। নিজৰ ঘৰলৈ তই উভতি আহিছ। পাগলী হৈ যি
কথা তই বাটে বাটে উচ্চকণ্ঠত কৈ ফুৰিছ, আজি জ্বৰৰ প্ৰকোপত যিবোৰ কথা ক'লি, সুস্থ অৱস্থাত নিৰ্জনত তই পুনৰ ক', মই তোৰ দৰা ৷
কইঁয়ে
আকুতিভৰা দৃষ্টিৰে শনেইৰ ফালে চাই থাকিল। তাই সপোন দেখিছে নেকি ? শনেই ককাইদেউ বলিয়া হোৱা নাইতো! যি
অসম্ভৱ সেয়া মুখত কৈ হয়তো তাই আনন্দ পায়, মনৰ কামনা কথাতে প্ৰকাশ পায়। তাই
শনেইৰ আশ্রিতা, যোহন
ককা, ৰহিম, কাশী, ভৰথ যেনেকুৱা আশ্রিত, পেটৰ কাৰণে, এমুঠি ভাতৰ বাবে, বাটৰ গছতল এৰি তায়ো শনেইৰ ঘৰত তেনেকৈ
আশ্ৰয় লৈছে। সঁচাকৈয়ে তাই শনেইৰ ঘৰৰ গৃহিণী, শনেইৰ স্ত্ৰী হ'ব নেকি ? এনেকুৱা অসম্ভৱ কথা জগতৰ কোনে স্বীকাৰ
কৰিব? কোনে
বিশ্বাস কৰিব যে, কই শনেইৰ স্ত্ৰী?
শনেই
সুধিলে- মনে মনে থাকিলি কিয় ? তোৰ মুখৰপৰা মই উত্তৰ বিচাৰোঁ। কইঁ, তই বুজিব নোৱাৰিবি মোৰ মনৰ কথা। মই
ধৰ্ম, সমাজ, জাতি নামানো, মই স্বীকাৰ কৰোঁ জীৱন, নাৰী-পুৰুষৰ মিলনৰ সম্পৰ্ক আৰু মিলিত
জীৱনৰ স্বাৰ্থ। ইয়াৰ বাবেই শনেই মৃত্যুৰ মুখৰপৰা উভতি আহিছে। শুন কইঁ, আজি এই নিজম ৰাতি সকলো কথা মই তোৰ আগত
খুলি ক'ম।
শনেই ক'বলৈ
আৰম্ভ কৰিলে তাৰ জীৱনৰ কথা-
x x x
সেই
বিয়াত মন্ত্ৰ পঢ়া নহ'ল। শংখ নাবাজিল, দেৱ-দেৱীক আহ্বান কৰা নহ'ল। হোম-শিখা নজ্বলিল। সেই বিয়াত পুৰোহিত
সামাজিক সাক্ষী নহ'ল। ভবিষ্যতৰ বাবেও কোনো লেখা-পঢ়া নহ'ল। সেই বিয়াত নিমন্ত্ৰিত কৰা নহ'ল কোনো বন্ধু-বান্ধৱ, খোৱা-লোৱা, দিয়া নিয়াৰ কোনো ধূম
নপৰিল, প্ৰয়োজন
নহ'ল
ফুল-চন্দন, নতুন
কাপোৰ, নতুন
গহনা।
দৈনন্দিন
জীৱনৰ দৰে এটা দিন। প্রত্যেক দিনৰ দৰে ৰাতি পুৱাল। মেঘৰ বুকু ফালি
সূর্য উঠিল আকাশত। মৃদু-মন্দভাবে বৈ গ'ল সমীৰণ দুকুল টৌৱাই নাচি নাচি, হাঁহি হাঁহি প্ৰত্যেক দিনৰ দৰে বৈ গ'ল নৈৰ পানী।
দুৰ্ভিক্ষই
গচকা, শ্মশানৰপৰা উভতি অহা শনেইৰ মনৰ লগত কইঁৰ মন মিলি গ'ল। পৰস্পৰৰ আত্মাই পৰস্পৰক জীৱন সংগীনি
হিচাপে বাচি ল'লে।
প্ৰাণৰ উদ্বেগত উভয়ৰ চকুপানী সৰিল, ওঁঠত হাঁহি বিৰিঙিল। দুযোৰ আঁখি
পৰস্পৰৰ আবেগৰ সাক্ষী হৈ ৰ'ল ৷
শনেই
পড়িৰাৰ চৰাঘৰ ৷
দুর্ভিক্ষ
পীড়িত যোহন ককাই য'ত বহি ৰহিম, ভৰথ আৰু কাশীক জীৱন ও কৰ্মৰ মহত্ত্ব বুজাই আছিল, ত'তেই কইঁৰ হাতত ধৰি শনেই আহিল। মনৰ কথা
সকলোৰে আগত খুলি ক'লে। যোহন ককাৰ ভৰিত মূৰ লগাই উভয়ে আশীৰ্বাদ
বিচাৰিলে।
বিহ্বল
হৈ উভয়ৰ মূৰত হাত থৈ যোহন ককাই কল্যাণ কামনা কৰিলে- দীর্ঘজীৱী হোৱা, তোমালোকৰ প্ৰেম অটল হওঁক, প্রেম সার্থক হওঁক। দুয়ো উঠি ভৰথ সামল
আৰু কাশী বেজক প্ৰণাম কৰিলে।
সিহঁত
দুয়ো একেলগে কৈ উঠিল- দীর্ঘজীৱী হোৱা।
ৰহিমে
মূৰ দোঁৱাই আটাইকে প্রণাম কৰিলে। শনেই ৰহিমৰ হাতত ধৰি বাষ্পাৰুদ্ধ কণ্ঠত ক'লে- ৰহিম, তই মোৰ পুতেক ও ভাই, তোক মই আশীৰ্বাদ কৰিছোঁ, তোৰ মংগল হওঁক। ৰহিমৰ আনখন হাতত ধৰি কইঁয়ে
স্নেহাসিক্ত সুৰত ক'লে- নাই নাই, ই তোমাৰ ভায়েক নহয়, মোৰহে ভাই । ক'চোন ৰহিম সঁচানে মিছা ?
ৰহিমে
হাঁহিলে। উত্তৰ দিয়াৰ আগতেই ঘৰৰ দুৱাৰ ঠেলি পুণি ঘৰৰ ভিতৰত প্ৰবেশ কৰিলে। তাইৰ
বুকুত বনা আৰু পিছফালে মধু ভূঁই।
x x x
ধোবীয়ে
পুণিৰ মুখৰপৰা সকলো কথা শুনিলে। অবিচিলিত কণ্ঠত তাই ক'লে- ইয়াকেলৈ ব্যস্ত হৈছা কিয় ? সি বলিয়া হৈছে বুলি জগত বলিয়া নহয়।
উভতা ভৰিত ঘূৰি আহি ভালেই কৰিছ। তাইৰ কোলাত ল'ৰাটোক নিদিও ভালেই কৰিছ। আমি শনেই
ককাইৰ ভালটোহে চিন্তা কৰিছিলোঁ, নহ'ল যদি নাই, এই ক্ষেত্ৰত আমাৰ কি কৰিব লগা আছে ?
সন্ধিয়াৰ
আন্ধাৰ লাহে লাহে ঘণীভূত হৈ আহি আহিল। পুণি তীক্ষ্ণ দৃষ্টিৰে ধোবীৰ ফালে চালে। তাই
দুঃখেৰে সৈতে ক'লে-
কিমান ডাঙৰ আশাভংগ হ'ল, নহয়নে
ধোবী বাইদেউ?
ধোবীয়ে
অস্বাভাবিকভাবে হাঁহি মাৰি ক'লে- কাৰ আশা ? নৈৰ পানীত ভাহি যোৱা কুটাগছিয়ে ভাহি যোৱাৰ বাহিৰে আন একোকে নাজানে, মোৰ জীৱনো সেইদৰে ভাহি ফুৰিছে। মোৰ
দুখো নাই নাইবা আনন্দও নাই।
এইদৰে
কৈ ধোবী খৰধৰ কৰি ঠাকুৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ৰাধা-মাধৱৰ মূৰ্ত্তিৰ বেদীত মূৰ
স্থাপন কৰি তাই চকুলো টুকিলে। এটাই মাথোন তাইৰ প্ৰাৰ্থনা- হে দেৱতা! তুমি মূক, অথৰ্ব, কঠিন, মোকো তোমাৰ দৰে কৰা ৷
স্ত্ৰীৰ
ক্ৰিয়া-কৰ্ম সমাপন হ'ল। বন্ধু-বান্ধৱ আৰু নিমন্ত্ৰিত অতিথিসকল উভতি গ'ল। চিন্তেই চুইঁৰ অনুৰোধত ৰৈ গ'ল মাথোন পহৰাজ আৰু গোবিন্দ প্রধান।
মন্দিৰ
চৌহদত বিছনা পতা নিমন্ত্ৰণ কৰা হৈছিল। নাহিলে নাই, পত্রবাহকক অপমান কৰি পঠালে। পুৰণি সকলো
ঘটনা তাৰ মনত পৰিল। তাৰ দেউতাকেও পহৰাজৰ আগত তাক অপমান কৰিছিল। সিও পুনৰ তাকেই
কৰিলে!
পত্রবাহকে
হাঁহিছে, গাঁৱৰ
মানুহে পুতৌৰ চকুৰে চাই আছে।
পহৰাজে
প্ৰথমে আৰম্ভ কৰিলে- ইয়াকেলৈ আপুনি ভাবিছে কিয় ? আপোনাৰ আদেশত আগেয়েই সমজুৱাসকলে তাক
এঘৰীয়া কৰিছে। কেনেকৈ চলে চলিব দিয়কচোন!
হৰি
মহান্তিয়ে ক'লে-
পহৰাজে ভাল কথাকে কৈছে। জগতত বিষ্ণুপুৰেইতো একমাত্ৰ গাঁও নহয়, গাঁৱৰ পাছত গাঁও লাগি আছে, তাতো সূর্য উঠিছে পুনৰ অস্তও গৈছে। আৰু
কোনোবা ধৰ্মচ্যুত আহি তাৰ লগত লগ লাগিব পাৰে। কথা হ'ল, থাকিব বিচাৰিছা যদি আন পাঁচজনৰ দৰে থাক, নহ'লে গাঁও এৰি গুচি যা।
নিধেই
ক'লে-
সামান্য এজন মানুহৰ কাৰণে এইদৰে হুলস্থূল কৰাৰ প্ৰয়োজন নাই। সি যেনেকৈ চলে চলকচোন, আমাৰ তাত কি আহে যায়, তাৰ নিচিনা কিমান বদমেজাজী মানুহ আছে!
পৰৰ কথালৈ আমাৰ মূৰ ঘমোৱাৰ দৰ্কাৰ নাই। আমি মনে মনে থকাটোহে আটাইতকৈ ভাল কথা হ'ব।
গোবিন্দ
প্রধানে মুখ খুলিলে- সি অকলেই মানুহৰ সন্তান নেকি ? আনবোৰে ঘাঁহ খাবলৈ জীয়াই আছে নেকি ? তাৰ দেহতে মাথোন তেজ আছে, আনবোৰ কাঠ, শিল নেকি! জমিদাৰক অপমান কৰিব, চিন্তেই চুইঁক বুঢ়া আঙুলি দেখুৱাব? মধু ভূঁইয়ে কি ক'লে, নুশুনিলনে? কাইলৈ বা আকৌ কি কৰে! আৰে বাঃ!
পহৰাজে
ক'লে-
সমজুৱাসকল একগোট হ'লে সি যাব ক'লৈ ? কিমান দিন সি চাই-মেলি চলিব পাৰিব ?
হৰি
মহান্তিয়ে ক'লে-
এইবোৰতো সৰু-সুৰা কথা, পহৰাজ। আৰে, লাগিলে ভালদৰেই লাগিম, নালাগিলে নাই।
আটায়ে
তাৰ মুখলৈ জিজ্ঞাসু দৃষ্টিৰে চালে।
হৰি
মহান্তিয়ে মিচিকিয়াই হাঁহি ক'লে- এখন মাথোন ঘৰহে, আগ্নেয়াস্ত্ৰ প্ৰয়োগ কৰিলেই অন্নসত্ৰত খোৱাসকল দিহা-দিহি পলাব।
নিধেই
চক্ খাই উঠিল। ক'লে- আপুনি কি কৈছে, তহচিলদাৰ ? ইমান ডাঙৰ অন্যায় কৰিবলৈ হাত উঠিব? কোনেও নেদেখিলেও ধর্মইতো দেখিব। আটায়ে
ঘৰ-সংসাৰ কৰি খাই-বই আছে। ছিঃ ছিঃ!
গোবিন্দ
প্রধানে কপালত হাত ফুৰাই ক'লে- আপোনালোক আটায়ে যোগ্য বিচাৰক, মই আৰু কি ক'ম ? মাখি এটাক লাঠিৰে মাৰাৰ প্ৰয়োজন আছে
বুলি নাভাবো। এনেকুৱা বুদ্ধিৰে কাম কৰিব লাগিব যাতে শনেইৰ মূৰ তললৈ দোঁ খাই যায়।
চুইয়ে তাৰ কাণত ধৰি উঠ-বহ দিব যাতে তাৰ মুখেৰে কোনো কথা নোলায় ।
পহৰাজে
ক'লে-
এনেকুৱা কথা....
প্রধানে
ক'লে-
নহয়তো আৰু কি! ধৈর্য ধৰিলে সকলো কামতে ভাল ফল হয়।
চিন্তেই
চুই দীর্ঘনিশ্বাস এৰি ক'লে- কি কৰিব লাগিব, মই তাকে ভাবি আছোঁ।
নিধেই
আগ্ৰহেৰে ক'লে-
সেয়াইতো দৰ্কাৰ! শনেই যদি হাতৰ মুঠিৰ ভিতৰলৈ আহে, যিসকল অন্নসত্ৰত খাওঁতাই তাক আগুৰি আছে, সিহঁত যদি আঁতৰি যায়, সি পুনৰ বাটলৈ আহিব। আমি তাৰ ভালটোহে
বিচাৰোঁ।
গোবিন্দ
প্রধানে ক'লে-
আপুনি যি ভাবিছে, সকলো তেনেকৈয়ে হ'ব। কিন্তু সময়ৰ দৰ্কাৰ, ধন দৰ্কাৰ।
চিন্তেই
চুইয়ে বিস্ময় প্রকাশ কৰি কৰিলে- ধন!
হয়, ধন। শনেইৰ টেটু জমিদাৰৰ হাতেৰে ধৰাব
লাগিব। জমিদাৰ মানুহ, এক কথাৰ মানুহ, আপুনি লগ ধৰিলেই হৈ যাব। মাথোন কিছু চেলামীৰ প্ৰয়োজন হ'ব।
চেলামী!
হয়, চেলামী। শনেইৰ ঘৰ-ভেটি, সম্পত্তি সকলো আপোনাৰ হ'ব। বর্তমান সিমানখিনি সম্পত্তিৰ মূল্য
দুহেজাৰতকৈ কম নহ'ব। আপুনি যদি এহেজাৰ টকা চেলামী দিবলৈ মান্তি হয়, বাকী কথা মই চম্ভালিম বাৰু।
দখল ?
আৰে, শনেই ঘৰত আছে নেকি! সিতো বহুদিন হ'ল ক'ৰবালৈ পলাই গৈছে। খাজনা বাকী, নালিচ, নীলাম, দখল সকলো হ'ব। দখল লোৱাৰ কাম সমজুৱাসকলৰ কাৰণে
কঠিন হ'ব
নেকি ? অৱশ্যে
কথা হ'ল, জমিদাৰে এৰিলেই হ'ল। জমিদাৰৰ মুখত চেলামী পৰিলে, জানিব কামটো হৈ গ'ল।
কথাটো
ঠিক বুজিব নোৱাৰিলো, প্রধান? চিন্তেই চুইয়ে ক’লে।
প্রধানে
হাঁহিলে। ক'লে-
বুজাই দিম, বাৰু।
আপুনি আগতে ধৈর্য ধৰকচোন।
প্রধানে
আটাইৰে ফালে চকু ফুৰালে। মহান্তি, পহৰাজ, নিধেই আটায়ে বুজিব পাৰিলে কথাটো গোপনীয়। লাহে লাহে আটায়ে বাহিৰলৈ
ওলাই গ'ল।
প্ৰধানে লাহে লাহে তাৰ মনৰ কথা ব্যক্ত কৰিলে।
চিন্তেই
চুইয়ে সকলো কথা শুনি ক'লে- বেচ্! তেনেহ'লে ব'লক, আগতে মই আপোনাৰ লগত জমিদাৰৰ ওচৰলৈ যাম। টকা খৰচৰ কথা মই নাভাবো।
ভাবিছোঁ, কেনেকৈ
তাক হাতৰ মুঠিত পাম। খন্তেকৰ কাৰণে তাক হাতৰ মুঠিত পালে তাৰ বিষদাঁত
উভালি পেলাম। হ'ব
মাথোন আপোনাৰ সহায়ৰ প্ৰয়োজন।
গোবিন্দ
প্ৰধানৰ লগত চিন্তেই চুই নিমপুৰৰ জমিদাৰৰ ওচৰলৈ আহিল। তাত দুদিন থাকিল।
জমিদাৰে হাজাৰ টকা চেলামী ল'লে। প্রধানে দুশ টকা পাণ-তামোল খোৱা বাবদ কঁকালত গুজিলে। তাৰ পাছত
প্ৰধান আৰু চিন্তেই চুইঁ য়াজপুৰলৈ আহিল।
খাজনা
বাকী পৰা বাবদ শনেইৰ বিৰুদ্ধে যি মোকদমা ৰুজু কৰিছিল প্রধানে কৌশল কৰি সেয়া এক
তৰফা ডিগ্ৰী কৰালে। শনেইৰ বিৰুদ্ধে চমন জাৰি হ'ল। কোর্টৰপৰা পিয়ন বিষ্ণুপুৰলৈ গৈ
মাথোন তাৰ ঘৰ ও মাটি-বাৰী চাই আহিল। জমিদাৰৰ কাছাৰী ঘৰত চমন জাৰিৰ নোটিশ আঁৰি
দিয়া হ'ল।
জমিদাৰৰ ফলীয়া মানুহে তাত স্বাক্ষৰ কৰিলে ।
হাকিমৰ
সন্দেহ কৰিবৰ কোনো কাৰণ নাছিল। পেস্কাৰ গোবিন্দ প্ৰধানৰ নিজা মানুহ, প্রিয়। উভয়ে ডিঙিত তুলসীৰ মালা
পিন্ধে, চৈতন্য
চৰিতামৃত পঢ়ে আৰু য়াজপুৰত কেতিয়াবা অষ্টপ্ৰহৰ হ'লে হাত দাঙি দাঙি নাচে। পেস্কাৰ
নিৰ্মায়া পুৰুষ।
এক
তৰফা ডিগ্ৰীৰ সমান্তৰালভাবে এক তৰফা নীলাম জাৰি কৰিলে। চৰকাৰী আমোলাসকলে জানিলে, দুর্ভিক্ষগ্রস্ত কোনোবা এজন শনেই
পড়িৰাই কেই বিঘামান মাটি পট্টন লৈছিল, কিন্তু খাজনা দিব নোৱাৰি সি ক'ৰবালৈ পলাই গৈছে। কোনেও তাক খেদি
পঠিওৱা নাই। পলাতক প্ৰজাৰ মাটি জমিদাৰসকলে তেনেকৈ দখল নলয় জানো ? তথাপি কোর্টৰ জৰিয়তে কাম কৰালে বহুত
সুবিধা, নহ'লে কোনোবাই আকৌ কিবা ক'ব পাৰে।
কোর্টৰ
জৰিয়তে সকলো মানুহৰ সন্মুখত পলাতক শনেই পড়িৰাৰ ঘৰ-বাৰী, খেতিৰ মাটি কেইটা মান টকাৰ বিনিময়ত
গোপীনাথজী মন্দিৰৰ মাৰফত চুইয়ে নীলামত কিনি ল'লে। গোবিন্দ প্ৰধান আৰু তাৰ নিমখ খোৱা
চাকৰে দুই ডাক দিলে যদিও ঠাকুৰৰ নাম শুনি ধর্মাত্মা পুৰুষসকল আৰু আগ নাবাঢ়িল। তদুপৰি
মাটিখিনিতো বহু যুগৰ পতিত, বালিয়া,অকামিলা, খেতি-বাতিৰ অযোগ্য।
দখল
লোৱা সম্পৰ্কে আৰু আন আন বিষয়ে পৰামৰ্শ কৰাৰ পাছত কিছু গোপনীয় কাম সম্পুৰ্ণ কৰি
চিন্তেই চুই দুর্গাপুৰলৈ উভতি আহিল। মনৰ কথা মনতে থাকিল। নিধেইকো এই
বিষয়ে কোনো কথা নক'লে।
দূর্গাপুৰৰ
সকলো কাম শেষ হ'ল।
আত্মীয়-স্বজনলৈ আৰু তাত অধিক দিন থকাৰ দৰ্কাৰ নাই। হৰি মহান্তিৰ লগত সকলো বিষয়ে
পৰামৰ্শ কৰিলে। তাৰ ভতিজা ল'ৰাটো কামৰ লায়ক হৈছে, লেখা-পঢ়াত পাকৈত, কাম-কাজতো ধুৰন্ধৰ হৈ উঠিছে। আটায়ে
বিষ্ণুপুৰলৈ উভতি গ'লেও কোনো কাম পৰি নাথাকিব।
চিন্তেই
চুইৰ এই পৰামৰ্শত আটায়ে মান্তি হ'ল, একমাত্র ধোবী মান্তি নহ'ল। তাইৰ দিন-ৰাতি ঠাকুৰ ঘৰতে কাটে। পুজাৰ সময়ত পুজা
কৰে আৰু বেলেগ সময়ত পুৰাণ পঢ়াত মনযোগ দিয়ে। অতিথি-অভ্যাগত সকলৰ খা-খবৰ লৈ দুবেলা দুমুঠি
আহাৰ গ্ৰহণ কৰে। আজি একাদশী, কাইলৈ সোমবাৰ এনেকৈ বাৰ ব্ৰত আৰু
নিৰ্জলা উপবাস পালন কৰে। নিতান্ত প্রয়োজন নহ'লে কাৰো লগত বেছি কথা-বতৰাও নাপাতে। ঘৰৰ সকলো খা-খবৰ খুৰীয়েকেই লৈ আছে, সেইফালৰ পৰাও তাই নিশ্চিন্ত।
আটায়ে
ধোবীৰ এই পৰিৱৰ্ত্তন লক্ষ্য কৰিছে, কিন্তু ভৰসা কৰি কোনেও একো সোধা নাই।
য়াজপুৰৰপৰা উভতি আহি চিন্তেই চুই পোন্ধৰ দিনমান জীয়েকৰ এই পৰিৱৰ্ত্তন লক্ষ্য কৰিলে।
ইয়াৰ মাজতে কে’বাদিনো
বিষ্ণুপুৰলৈ যাবলৈ পৰামৰ্শ দিলে। ধোবীৰ সেই এক কথা- নহয় দেউতা এয়া মোৰ কৰ্মভূমি, য'ত মোৰ শহুৰ, শাহু, স্বামী শুই আছে, য'ত মোৰ মা ছটফটাই মৰিছে, সেই ঠাই এৰি মই ক'লৈকো নাযাওঁ। আপুনিও ইয়াতে থাকক
দেউতা। খুৰাতো বিষ্ণুপুৰত আছেই; খুৰী ল'ৰা-ছোৱালীকেইটালৈ তাতে থাককগৈ। বিষ্ণুপুৰৰ ভাল-বেয়া খুৰাই অকলেই
চোৱা-চিতা কৰিব পাৰিব ।
চিন্তেই
চুইয়ে ক'লে-
ভাল দেখা নাযাব, আই।
কোনেও একো নক'লেও
মোৰ মনে মোক কৈছে, জীয়েকৰ ঘৰত পিতৃ সৰহ দিন থকা উচিত নহয়। পিতৃৰ ওচৰতহে জীয়েকৰ অবাধ
অধিকাৰ। বল-শক্তি গ'ল। ঠাকুৰৰ বাবে একো কৰিব নোৱাৰিলোঁ। মন্দিৰৰ ঠায়ে ঠায়ে ফাট মেলিছে, কেতিয়া কি হয় একো ঠিকনা নাই। সেইবোৰ
যদি মোৰ হাতত মেৰামত নহয় আৰু কোনে মেৰামত কৰিব ?
চিন্তেই
চুইঁৰ ধাৰণা, মনত
আশা পালি আছে, শনেইৰ
মাটি-বাৰী হাতলৈ আনিব, গাঁৱলীয়াসকলক মাতি আনি ৰাতি দ্বিপ্ৰহৰৰ সময়ত শুনেই পড়িৰাৰ ঘৰ-বাৰী
কাঢ়ি ল'ব। মাৰ খাই
অন্নসত্ৰত খোৱাসকল কোন ক'ত পলাব তাৰ ঠিকনা নোহোৱা হ'ব। কইঁ পাগলীৰ চুলিত ধৰি সাত পর্বত তেৰ
নদী পাৰ কৰি দি আহিব। তাৰ পাছত শনেই যাব ক'লৈ ? তাৰ বলিয়ালি গুচিব, সি জাতিত উঠিব, সমাজৰ লগত মিলি যাব। তাৰ পাছত ধোবীক
তাৰ হাতত সমৰ্পণ কৰি তেওঁ নিশ্চিন্ত হ'ব।
ধোবীক
নিজৰ কাষলৈ নিব নোৱাৰালৈকে তেওঁ নিশ্চিন্ত হ'ব নোৱাৰে। অভিমানত তাই যি কৰিছে সেয়া
দিনে দিনে বৃদ্ধি পাব। এতিয়াই এই কাম নকৰিলে পাছত তাইক বুজাই-বঢ়াই বাটলৈ ওভতাই
অনাটো কষ্টকৰ হ'ব।
এইদৰে মনতে ভাবি চিন্তেই চুইয়ে ক'লে- ধোবী, তই মোৰ মা, তই কাষত নাথাকিলে মই জীয়াই থাকিম কেনেকৈ ? সময়ে অসময়ে তোৰ হাতৰ পানী খাব পাৰিলে
মোৰ আত্মাই শান্তি পাব। বাৰু, আই, তই আৰু কেইদিনমান ইয়াতে থাক। তোৰ খুৰীয়েৰেও ইয়াতে থাকক। মই আজি
বিষ্ণুপুৰলৈ যাওঁ গৈ। কেইদিনমান পাছত আহি মই তোমালোক আটাইকে লৈ যামহি।
চিন্তেই
চুই বিষ্ণুপুৰলৈ গুচি আহিল।
কিছুদিন
পাছত গোবিন্দ প্রধানে কোর্ট পিয়নক লগত লৈ বিষ্ণুপুৰলৈ আহিল। ইয়াৰ পাছত এদিন
জমিদাৰৰ পিয়াদাই বাটে বাটে ঢোল পিটি গ'ল। গাঁৱৰ মানুহে ঢোলৰ শব্দ শুনিলে, কিন্তু কিয় ঢোল পিটা হ'ল এই বিষয়ে একোকে গম নাপালে। গোবিন্দ
প্ৰধানৰ জৰিয়তে কৌশলেৰে শনেইৰ ঘৰ-ভেটি, মাটি-বাৰী সকলো কোর্ট মাৰফত চিন্তেই
চুইয়ে দখল কৰিলে। মুখিয়াল মুখিয়াল গাঁৱলীয়াসকল তাৰ সাক্ষী হ'ল। শনেই পড়িৰা ঘৰত থাকিও পলাতক; আইনৰ ফাঁকেৰে সি ৰসাতলত সোমাই পৰিল।
চিন্তেই
চুইয়ে দীর্ঘনিশ্বাস এৰিলে। পহৰাজৰ মুখলৈ চাই সুধিলে- এতিয়া ?
পহৰাজে
ক'লে-
ধন্য গোপীনাথৰ মহিমা! সকলো কাম সুকলমে হৈ গ'ল। এতিয়া আপুনি
যেতিয়াই আঙুলি টোঁৱাব তেতিয়াই সমজুৱাই মাটিৰ দখল ল'ব।
চিন্তেই
চুইয়ে কোনো উত্তৰ নিদিলে৷
পহৰাজে
পুনৰ ক'লে-
প্ৰতি নিশা ঠাকুৰে মোক সপোনত কৈ আছে, হেৰা, মোৰ মন্দিৰতো ফাটি চিৰাচিৰ দিলে, মই এতিয়া ভাঙি পৰিম নেকি ? মোৰ পুখুৰীটো পোত খাই গ'ল, আৰু পোত খাব নেকি ? ভালদৰে পূজা-অৰ্চনাও কৰা হোৱা নাই, এনেকৈ অৰ্দ্ধ উপবাসী হৈ পৰি থাকিম নেকি
? যিয়ে
নকওঁক কিয় চুই, ঠাকুৰৰ
প্ৰতি কৰা অৱহেলাৰ বাবেই আমাৰ এনেকুৱা অৱস্থা হৈছে। মূৰ গুজিবলৈ ঘৰ নাই, লাজ নিবাৰণ কৰিবলৈ কাপোৰ নাই৷
চিন্তেই
চুইয়ে মূৰ দোঁৱাই ক'লে- কেইদিনমান অপেক্ষা কৰকচোন, সকলো ঠিক হৈ যাব। বাৰু পহৰাজ, শনেই পড়িৰাই যদি সকলো ধর্মচ্যুতক
ত্যাগ কৰি প্ৰায়শ্চিত্ত কৰে, পুনৰ জাতিত মিলিব পাৰিবতো? তোমাৰ শাস্ত্ৰে বা আকৌ কি কয় এই
বিষয়ে ?
পহৰাজে
কঠিন দৃষ্টিৰে চিন্তেই চুইঁৰ ফালে চালে।
চিন্তেই
চুইঁয়ে ক'লে-
তুমি ব্যস্ত নহ'বা, ঠাকুৰৰ সম্পত্তি ঠাকুৰৰে থাকিব। তোমাৰ
মাৰফত মই ঠাকুৰৰ নামত ৰেজিষ্ট্ৰি কৰি দিম। শনেই পড়িৰা এইখন গাঁৱৰে ল'ৰা, যদি তাৰ চকু মেল খায়, সি যদি পুনৰ কুললৈ উভতি আহে মই তাক
মাটি-বাৰী দিম, ঘৰ
তুলি দিম, বিয়া-বাৰু
কৰাই দিম। সি সুখত থাকক।
চিন্তেই
চুইৰ মনৰ কথা পহৰাজে বুজিব নোৱাৰিলে। খোনাই খোনাই ক'লে- বিচাৰিলে পাঠ অৱশ্যেই পোৱা যাব, কিন্তু এজন ধর্মত্যাগী, অবাধ্য, চেৰাবলিয়াটোৰ কাৰণে ......
বাধা
দি চিন্তেই চুইঁয়ে ক'লে- মই সেই কথা জানো। আপুনি খাটি-খুটি পাঠ পঢ়ি কিবা এটা উপায় বাহিৰ
কৰক। মন্দিৰ মেৰামত কৰাৰ কাৰণে ভাল মিস্ত্রী মাতক, বস্তু-বাহানি যোগাৰ কৰক। যিমান টকাৰ
দৰ্কাৰ হয় মই নিজে দিম। আপুনি কামত লাগি পৰক।
পহৰাজে
আশীৰ্বাদ কৰি গুচি গ'ল।
ভাল দিন-বাৰ
চাই মন্দিৰৰ কাম আৰম্ভ কৰা হ'ল। গাঁৱৰ মানুহ মন্দিৰৰ কামত উৎসাহেৰে লাগি পৰিল। অকুণ্ঠ চিত্তে
চিন্তেই চুই টকা দি যাবলৈ ধৰিলে। পহৰাজে সকলো খৰচ-পাতিৰ তালিকা প্রস্তুত কৰি উলিয়ালে । বিচাৰি বিচাৰি
ভাল মিস্ত্ৰী আৰু কাৰিকৰ অনা হ'ল। দিনে-নিশা কাম চলিবলৈ ধৰিলে। উখল-মাখল আৰু আনন্দেৰে মানুহবোৰে কাম
কৰিবলৈ ধৰিলে। খবৰ পাই ধোবী বিষ্ণুপুৰলৈ লৰি আহিল। মন্দিৰৰ কাম চলিছে, তাই নীৰৱে বহি থাকিব পাৰে জানো ? বাপেক-জীয়েক দুয়ো মিলি কাম বৰাদ্ধ
কৰিলে ।
চিন্তেই
চুই ঘৰ-দুৱাৰ, খেতি-বাতি, চাকৰ-বাকৰ সকলো নিধেই চুইৰ ওপৰত ন্যস্ত
কৰি নিশ্চিন্ত হৈছে। বিষ্ণুপুৰ ও দূর্গাপুৰ দুয়োফালৰ সম্পত্তি
নিধেই চুই নিজে চোৱা-চিতা কৰি আছে। তাৰ স্ত্ৰী আধা দিন বিষ্ণুপুৰত থাকিলে, আধাদিন আকৌ দূর্গাপুৰত থাকে। দুয়োখন
ঘৰৰ গৃহিণী একমাত্র তায়ে। তাই দেখা-শুনা নকৰিলে সকলো ওপট-পালট হৈ যাব। বিশেষকৈ
দূৰ্গাপুৰৰ সম্পত্তিৰ ওপৰতে তাইৰ শেন চকু। কোন সময়ত কি হয়, তাক কোনে জানে!
ধোবী
বিষ্ণুপুৰত থাকিবলৈ ল'লে আৰু তাইৰ খুৰীয়েক থাকিবলৈ ল'লে দূর্গাপুৰত। যিকোনো এজনী কাষত
নাথাকিলে চিন্তেই চুহঁৰ দেখা- শুনা কৰিব কোনে ?
x x x
ধোবী
বিষ্ণুপুৰত
আজি
প্ৰথমাষ্টমী!
ঘৰে
ঘৰে জ্যেষ্ঠ পুতেক আৰু জ্যেষ্ঠ জীয়েকৰ আনন্দৰ দিন। সকলোৰে ঘৰত নতুন
কাপোৰ আৰু পিঠাৰ সমাহাৰ, কিন্তু শনেইৰ ঘৰত আনন্দৰ চিহ্নমাত্র নাই। প্ৰতিদিনৰ দৰে সিদিনাও
আটায়ে মন-প্রাণ খুলি কামলৈ ব্যস্ত। ভৰথ সামল, কাশী বেজক ঘৰ ৰখিবলৈ দি আটায়ে ধান
দাৱলৈ ওলাই গৈছে।
ভৰথ
ধানৰ দ'মত
আঁউজি বহি আছে। বেলি প্রায় দ্বিপ্ৰহৰ। বহি বহি আমনি লগাত সি
গীত জুৰিছে-
ভজ গুৰু গোসাঁই, ভজিলে
আৰু দুঃখ ৰব নাই। ভজ....
কাশী
বেজ বাৰাণ্ডাত বহি টোপনিয়াই আছিল। হঠাৎ ভৰথৰ গীত শুনি সি চক্ খাই উঠিল। উৰুত ঢোলৰ
দৰে চাপৰ মাৰি গাই উঠিল- মাটিৰ পিঞ্জৰা এৰি উৰি গ'লে পখি, এই দেহ শিয়াল কুকুৰে খাব
ফালিৰে.......
গীত
গোৱাটো সংক্রামক ব্যাধিৰ দৰে, এজনে গালে আনজনৰ গাবলৈ মন যায়। মূৰত ধানৰ আটিৰ
বোজালৈ ৰহিম আৰু যোহন চোতাল পালেহি। ধানৰ বোজা নমাই থৈ ৰহিম গোহালি ঘৰ চাফা কৰিবলৈ
গ'ল।
যোহন ক্লান্ত হৈ ভৰথৰ ওচৰত বহি পৰিল। যোহনে ভৰথক উদ্দেশ্য কৰি ক'লে- শনেই আৰু কই, এই দুটাই কোনো কথা নুশুনে, দিনে-নিশা পৰিশ্ৰম কৰে, কেতিয়াযে অসুখত পৰিব! কথা ক'লেও নামানে, ভৰথ।
ভৰথে
গীত গাবলৈ এৰি উত্তৰ দিলে- সিহঁতৰ এতিয়া কাম কৰিবৰে বয়স, এই বয়সত কাম নকৰি বুঢ়া বয়সত কৰিব
নেকি?
সময়
গধূলি।
সেৱা
বেহেৰাই শনেইৰ নাম কাঢ়ি মাতি মাতি ভিতৰলৈ সোমাই আহিল। ঘৰৰ কাষতে বৰ চোতাল। সৰু
সৰু দুই দ’ম
ধানৰ আটি জমা হৈ আছে। মৰণা মৰা হোৱা নাই। সেৱা বেহেৰা তাত উপস্থিত হ'ল। আশ্চৰ্যৰ কথা! শৰীৰ অপবিত্ৰ হোৱাৰ ভয়ত অচিনাকি ভিখাৰী
বা সন্ন্যাসীৰ বাহিৰে কোনেও ভুলতো ইয়ালৈ নাহে। আজি সেৱা বেহেৰা কেনেকৈ আহিল ? আটায়ে আশ্চর্যচকিত হ'ল। গোবৰ লগা হাতেৰেই ৰহিম বেহেৰোৰ
ওচৰলৈ আহিল। যোহন ককা তধা লাগি সেৱা বেহেৰাৰ মুখলৈ চাই ৰ'ল৷
সেৱা
বেহেৰাই সুধিলে- শনেই ক'ত ?
ৰহিমে
ক'লে-
ধান দাৱলৈ গৈছে। কিয়, পিছে সকাম কি ?
চিন্তেই
চুই খবৰ পঠাইছে, যেনেকৈয়ে
হওঁক শনেইক তাৰ লগত দেখা কৰিবলৈ কৈছে। তাকে ক'বলৈ আহিছোঁ। তই তাক সোনকালে খবৰ পঠা, বৰ জৰুৰী কাম। এইদৰে কৈ সেৱা বেহেৰা
গুচি গ'ল।
ঠিক
তেতিয়াই–
শনেই
আৰু কই ধান কটা শেষ কৰি পুখুৰীত হাত-ভৰি ধুই পাৰত বহি জিৰণি লৈ আছিল। পুখুৰীৰ
সিপাৰে ঘন সেউজীয়া জোপোহানি। জোপোহানিৰ সিকাষেদি মহাদেৱ মন্দিৰলৈ যোৱা বাট।
বাটৰ কাষেদি শনেইহঁতৰ ঘৰলৈকে সোণোৱালী ধাননি পথাৰ বিস্তৃত। পুখুৰীৰ ইপাৰে বাগিচা।
বাগিচাৰ সিকাষৰপৰা গহীৰ বিললৈকো শনেইৰ ধাননি পথাৰ বিস্তৃত। চাৰি বছৰ আগত যি
ভূমিখণ্ড অনাবাদী, অকৰ্মণ্য হৈ পৰি আছিল, দেহৰ তেজ ঢালি শনেইয়ে সেয়া সোণোৱালী
কৰি তুলিছে। গাঁৱৰ মানুহে সোণোৱালী ধাননিডৰালৈ তথা লাগি চাই থাকে।
তৃপ্তিৰ
নিশ্বাস এৰিবলৈ গৈ শনেইৰ বুকু কঁপি উঠিল। কোনে তাক এইবোৰ কৰিবলৈ প্ৰেৰণা দিলে— টকা দিলে! যাৰ বাবে তাৰ এই সম্পত্তি, পুনৰ যাৰ বাবে সি কইঁৰ হাতত ধৰি সংসাৰী
হ'ল, সেই ধোবী বিষ্ণুপুৰলৈ উভতি আহিছে।
ধোবীক চাবলৈ আগ্রহ উপজিলেও কোনোবাই যেন বাধা প্ৰদান কৰিছে- নাই নাই, যি কইঁয়ে তাৰ সন্তান পেটত ধাৰণ কৰিছে
সেই কইয়েই যেন তাক বাধা প্রদান কৰি আছে। তাইৰ আগত মন খুলি
তাৰ মনৰ কথা ক'বলৈ
সাহস গোটাবপৰা নাই। দিনে-নিশা কামত মন-প্রাণ ঢালি দিছে।
কইয়ে
কিন্তু কোনো কথা ভবা নাই। তাই শনেই পড়িৰাৰ গৃহিণী হৈছে আৰু শনেইৰ সন্তান তাই পেটত
ধাৰণ কৰিছে। এতিয়া তাইৰ আৰু লোভ নাই, দুঃখ নাই। পুৰণি কথা পাহৰি তাই নতুন
জীৱন আৰম্ভ কৰিছে। জগতে তাইক নুসুধিলেও এতিয়া তাইৰ আক্ষেপ নাই।
কঁইয়ে
ক'লে-
বেলি পৰি আহিল। ব'লা, ঘৰলৈ যাওঁ ব'লা। সিহঁত কেইটা ভোকত কষ্ট পাব, উঠা।
কইয়ে
শনেইৰ হাতত ধৰিলে। শনেই চক্ খাই কইঁৰ ক্লান্ত মুখমণ্ডললৈ চালে। তাইৰ চকুযুৰি চল্চলীয়া, তাইৰ পুৰঠ গাললৈ চাই মুহূৰ্তৰ বাবে
শনেই তন্ময় হৈ পৰিল। এইজনীয়ে তাৰ কইঁ, পাগলী কই! যিদিনা তাই অৰ্দ্ধ পাগলী হৈ
তাৰ ঘৰত ভৰি থৈছিল, সিদিনা তাই আছিল কি, আৰু আজি হৈছে কি? কইঁ কিমান সুন্দৰ! তাইৰ চলচলীয়া চকু, পূৰঠ পূৰঠ হাত-ভৰি সকলো ধুনীয়া।
অৱহেলা, অশান্তিত
মানৱ সন্তান প্ৰেতৰ দৰে কুন্ধচ হয়, সকলোৰে ঘৃণাৰ পাত্ৰ হয়।
মোৰ
ফালে তেনেকৈ কি চাই আছা, ব’লানা।
কইঁয়ে তাগিদা দিলে।
শনেই
হাঁহি মাৰি ক'লে-
তোক নিৰ্জনত চাবলৈ ক'ত সময় পাওঁ ? আজি যদি দেউতা, আয়ে তোক দেখিলেহেঁতেন, কি ক'লেহেঁতেন জান ?
কি ?
লখিমী।
এই
মনেসজা কথাবোৰ এৰাচোন। কৃত্রিম খং কৰি কইঁয়ে শনেইৰ হাত এৰি দি দুখোজমান আগুৱাই গ'ল। শনেই তাইৰ হাতত ধৰি টানি আনি বুকুত
সাৱটি ধৰি গালত চুমা খাই ক'লে- এতিয়া ব'লা ।
শনেইৰ
গালত মূৰ থৈ কইঁয়ে তাৰ মুখলৈ চাই ক'লে- নিলাজটো! যদি কোনোবাই দেখি পেলায় ?
কথা
শেষ হোৱাৰ আগতেই পুখুৰীৰ সিফালেদি মন্দিৰৰ ফালে যোৱা বাটৰ ফালে কইঁৰ চকু গ'ল । তাত তাই এজনী তিৰোতা মানুহ থিয় হৈ
থকা দেখিলে। অস্তমূখী সুৰুযৰ সোণালী কিৰণ বেঁকা হৈ তিৰোতাজনীৰ মুখমণ্ডলত পৰিছে।
কইয়ে
শনেইক সামান্য ঠেলা মাৰি দিলে। তাইৰ মুখমণ্ডল লাজত ৰক্তিম হৈ উঠিল। বাটৰ ফালে
কেৰাহিকৈ চাই তাই লাহেকৈ ক'লে- ছিঃ, আমি কিমান অসভ্য!
বাটৰ
ফালে শনেইৰ চকু গ'ল। তাৰ মুখৰপৰা আপোনা-আপুনি কঁপা কঁপা এটি শব্দ ওলাই আহিল- ধোবী!
কই
পুনৰ সেইফালে চালে ৷ পিছফালে নোচোৱাকৈ বতাহৰ গতিত ধোবী আঁতৰি গৈ আছিল; কিছু দূৰত তাইৰ আগে আগে গৈ আছিল আন
এজনী ছোৱালী।
কইয়ে
সুধিলে- কোন, ধোবী
বাইদেউ ?
শনেই
উত্তৰ দিব নোৱাৰিলে। সি বুকুৰ ভিতৰত অজানা যন্ত্ৰণা অনুভৱ কৰিবলৈ ধৰিলে। সি
কোনোমতে নিজক চম্ভালি খোনাই খোনাই ক'লে- হয় .. শনেই ধোবীৰ নাম মুখত
উচ্চাৰণ কৰিব নোৱাৰিলে। খন্তেক ৰৈ পুনৰ ক'লে- ব'ল।
কইঁৰ
চকু লোতকেৰে ভৰি পৰিল। ক'লে- তুমি যোৱা। মই ধোবী বাইদেউক ভালকৈ চাই আহোঁ।
কইঁ
সৰু ছোৱালীৰ দৰে ধোবীৰ পিছে পিছে দৌৰি গ'ল। শনেই মুখ খুলি পিছফালৰপৰা মাতিব নোৱাৰিলে।
সন্ধিয়াৰ
আগতেই কইঁ শনেইৰ কাষলৈ উভতি আহিল । শনেই পুখুৰীৰ পাৰত বহি কইঁ উভতি অহালৈ বাট
চাই আছিল। সি আকাশ-পাতাল
বহু কথা ভাবি আছিল। কইঁৰ বিষণ্ণ মুখমণ্ডল প্রত্যক্ষ কৰিয়ে সি সকলো কথা উপলব্ধি
কৰিব পাৰিলে। ওঁঠত কৃত্রিম হাঁহিৰ ৰেখা বিৰিঙাই শনেই ক'লে- কইঁ, বৰ ভোক লাগিছে। ব'ল, ঘৰলৈ যাওঁগৈ ব'ল।
কইঁয়ে
কোনো ধৰণৰ উত্তৰ নিদিলে। বহু কথা ক'বলৈ মন গৈছিল যদিও ওঁঠ হেঁচি ধৰি তাই
কিছুদূৰ শনেইৰ পিছে পিছে আহিল। তাই নিজক আৰু চম্ভালিব নোৱাৰিলে। বাটৰ মাজতে তাই
শনেইৰ হাতত ধৰি ক'লে- ৰ'বাচোন, শুনা।
শনেই
থমকি ৰৈ গ'ল।
পিছলৈ ঘূৰি চাই সুধিলে- কি ?
চলচলীয়া
চকুৰে তাই শনেইৰ ফালে চাই ক'লে- ধোবী বাইদেৱে মোক চিনিও নিচিলে। মই বহু কথা সুধিলোঁ, তাই কোনো কথাৰে উত্তৰ নিদিলে। কাষলৈ
যোৱাত নাক কোঁচাই লেইলেই ছেইছেই কৰি ক'লে- চুই দিবি, যা, আঁতৰি থিয় হ।
অবিচিলিত
কণ্ঠত শনেই সুধিলে- তেনেকৈ ক'লে ?
কইঁৰ
চকুৰপৰা দুধাৰি লোতক বাগৰি পৰিল। তাই ক'লে- মোৰ হুঁচ নাছিল, হঠাৎ শিৱ মন্দিৰৰ বেৰাৰ ভিতৰলৈ সোমাই
গৈছিলোঁ। পহৰাজৰ নাতিনীয়ে বেলেগ কাৰোবাক মাতি ক'লে- আৰে, অন্নসত্ৰত খাওঁতীজনী মন্দিৰৰ দেৱালৰ
ভিতৰত প্ৰবেশ কৰিব, খেদি দে। ধোবী বাইদেৱে মোৰ ফালে
উভতিয়ে নাচালে।
শনেই
কইঁৰ চকুপানী মচি দি তাইৰ হাতত ধৰি ক'লে- ব'ল, মোৰ লগত। সেইবোৰ কথাই তোৰ
কি কৰিব ? জগতৰ
ভাল-বেয়া, সুখ-দুখৰ
বেৰা পাৰ হৈ তই নতুন মানুহ ৰূপে উভতি আহিছ, কইঁ। লোকৰ কথাত মন
বেয়া কৰিছ কিয়? লোকৰ ব্যৱহাৰত দুখ কৰিছ কিয় ? আমাৰ মান- অভিমান, ৰাগ-খং আছে জানো ? আমি শ্মশানৰ হাড়ৰ দ'মৰ মাজৰপৰা উভতি অহা নাই জানো? যদি প্রয়োজন হয়, এইদৰে হাত ধৰা-ধৰি কৰি পুনৰ শ্মশানলৈকে
উভতি যাম। কান্দিছ কিয় ? দুখ কৰিছ কিয়? আমাৰ দৰে লাখ লাখ মানুহে ঢেঁটু ফালি চিঞৰিছিল, ছট্ফটাইছিল, কিন্তু কোনে সিহঁতৰ সেই কান্দোন
শুনিছিল ? কোনে
সিহঁতৰ ছটফটনি দেখিছিল ? কোনে সিহঁতক চিনিছিল, কই?
কইঁয়ে
হুমুনিয়াহ এৰিলে।
শনেই
ক'লে-
থিয় হৈ থাকিলিযে! আহ মোৰ পিছে পিছে আহ। গর্ব, অভিমান, অহংকাৰ কাপোৰেৰে টোপোলা বান্ধি যিসকলে
বাট বুলিছে, সিহঁতৰপৰা
আমি আঁতৰত থাকিব লাগিব। সিহঁতে আমাক ঘৃণা কৰিলেও আমি সিহঁতক ঘৃণা নকৰোঁ। আহ—
কইঁয়ে
কোনো ধৰণৰ উত্তৰ নিদি শনেইৰ পিছে পিছে খোজ ল'লে।
সন্ধিয়া
ৰহিমে ক'লে-
ককাইদেউ, তোমাক
চিন্তেই চুইয়ে মাতি পঠাইছে।
চিন্তেই
চুইঁৰ আহ্বানত যাব নে নাযায়, এই কথা মনে মনে আলোচনা কৰি শেষত শনেই সিদ্ধান্ত ল'লে যে, সি যাব।
x x x
সন্ধিয়া
লাগি ভাগি গ'ল ।
ধোবী
ঠাকুৰ ঘৰত প্ৰবেশ কৰিলে। যি দৃশ্য তাই প্রত্যক্ষ কৰিছে, কইঁৰ প্ৰতি তাই যি দুৰ্ব্যৱহাৰ কৰিছে, ঘৃণাত অথবা ঈর্ষাত যি দুইফাকি কথা তাই
কইঁক কৈ আহিছে, সেইবোৰে
তাইৰ অস্থিৰ মন সাগৰত ঢৌ খেলিবলৈ ধৰিলে। সেইবোৰ পাহৰিবলৈ
বহু চেষ্টা কৰিলে যদিও তাই পাহৰিব নোৱাৰিলে। তুঁহ জুইৰ দৰে উমি উমি জ্বলি থকা
ভাবনাবোৰে তাইক অস্থিৰ কৰি তুলিলে।
ঘৃত
প্ৰদীপৰ পোহৰ বঢ়াই দি তাই বেদীৰ ওপৰত ৰাখিলে। ৰাধা-মাধৱৰ পিতলৰ মূৰ্ত্তিৰ আগত
হাতযোৰ কৰি তাই প্ৰাৰ্থনা কৰিবলৈ ধৰিলে- মোৰ অপৰাধ ক্ষমা কৰা, প্রভু। তুমি মোক পাষাণ কৰি দিয়া। মোৰ
সকলো প্ৰেম নিঃশেষ কৰি দিয়া, প্রভু।
কইঁয়ে
মোৰ কোনো ধৰণৰ অনিষ্ট কৰা নাই। স্বামীৰ বুকু এৰি তাই মোক চাবলৈ লৰি আহিছিল, যি স্বামীয়ে তাইৰ সৰ্বস্ব হৰণ কৰি, তাইক অনাথিনী, পাগলী কৰি, আওমৰণে মৰিবলৈ এৰি আহিছিল, যাৰ সন্তানক বুকুৰ তেজ পান কৰোৱাইয়ো
তাই বচাব নোৱাৰি বাটে বাটে চিঞৰি ফুৰিছিল, কইঁয়ে তাইৰ সেই অমূল্যনিধি স্বামীক
ওভতাই পাইছে। তাইক সুখী কৰা, প্ৰভু, তাইক স্বামী সোহাগিনী কৰা।
ধোবীয়ে
মূৰ দোঁৱাই ৰাধা-মাধৱৰ মূৰ্তিত প্ৰণাম কৰিলে। সকলো কথা লুকাই আছিল, তুমি সুমহান প্রভু, কোনো কথা আৰু লুকাই নাথাকিল। শনেই
ককাইক তুমি সৎবুদ্ধি দিয়া। সি তাৰ কৰ্ম পাহৰি নগৈ পুনৰ কইঁক কোলাত তুলি ল'লে। সি ঠিকেই কৰিছে, কইঁৰ প্ৰতি কঠোৰ হৈ মই ভুল কৰিছোঁ। মই
অন্যায় কৰিছোঁ। মোক ক্ষমা কৰা, প্ৰভু।
ধোবীৰ
দুচকুৰপৰা লোতক বাগৰিবলৈ ধৰিলে। তাই মনে মনে বাৰে বাৰে ক'বলৈ ধৰিলে- শনেই ককাই ঠিকেই কৰিছে। সি
বিধর্মী, অস্পৃশ্য, পতিত; তথাপি সিয়ে মহৎ মানুহ। অসীম তাৰ ধৈৰ্য, বিৰাট তাৰ মন, বিচক্ষণ তাৰ কৰ্ত্তব্য জ্ঞান। শনেই ঠিকেই কৰিছে, সকলো ভুল মোৰ।
ধোবী
উঠি বহিল ।
বাৰে
বাৰে চকুপানী মচিলে যদিও অবাধ নিজৰাৰ গতিৰোধ কৰিব নোৱাৰিলে। পুনৰ হাতযোৰ কৰি ক'বলৈ ধৰিলে- কিমান লোতক চকুত ৰাখিছা? নিয়া নিয়া, সকলো কাঢ়ি নিয়া। মোক শিল কৰি দিয়া, মূক, অথৰ্ব, কঠিন কৰা, ভগবান, ঠিক তোমাৰ দৰে, ঠিক তোমাৰ দৰে। শপত খাই মই মানি লৈছোঁ, শনেই ককাই ঠিকেই কৰিছে— ঠিকেই কৰিছে।
ধোবী
পুনৰ বেদীত মূৰ স্থাপন কৰিলে।
x x x
শনেই
আশ্চর্য হ'ল।
চিন্তেই চুইঁৰ ওচৰত এনেকুৱা ব্যৱহাৰ পাব বুলি সি আশা কৰা নাছিল। যিজন পুঁজিপতি চিন্তেই
চুইয়ে তাক দেখিলে কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিছিল, ধন, মান ও প্রতিপত্তিৰ গৰ্বত যিজনে চন্দ্ৰ, সূৰ্য গ্রাহ্য কৰা নাছিল, দৰিদ্ৰ অনাথৰ বুকুত ভৰ দি, তেজ শোষণ
কৰি যিজনে ৰাজ্য বিস্তাৰ কৰিছে, সেইজন চিন্তেই চুইয়ে অধর্মী শনেইক দেখি উচ্চাসনৰপৰা নামি আহিল কিয়? কিয় তাৰ হাতত ধৰি স্নেহৰ সুৰত ক'লে- শনেই নেকি ? আহ বোপা, ভিতৰলৈ সোমাই আহ।
শনেইৰ
মুখৰপৰা মাত নোলাল। শিলৰ মূৰ্ত্তিৰ দৰে সি চিন্তেই চুইঁৰ হাতত ধৰি ভিতৰলৈ সোমাই
আহিল। চিন্তেই চুইয়ে তাক শোৱনি কোঠাৰ পালেঙৰ ওপৰত মৰম কৰি বহুৱাই দিলে। তাৰ পাছত চুইয়ে
ভিতৰ ফালৰ দুৱাৰ আঁউজাই থৈ আলমাৰি খুলিলে। কেইখনমান কাগজ হাততলৈ তেওঁ শনেইৰ ওচৰলৈ
আহিল। তাৰ পাছত তেওঁ শনেইৰ কাষতে বহিল।
শনেইৰ
আশ্চৰ্য লাগিল। চুইৰ এই ব্যৱহাৰৰ উদ্দেশ্য জানিবলৈ সি উদগ্ৰীৱ হৈ অপেক্ষা কৰি
থাকিল।
চিন্তেই
চুইয়ে খন্তেকৰ বাবে কেউফালে চকু ফুৰাই ক'লে- আৰু কিমান দিন তই বলিয়ালি
বুদ্ধিৰে সংসাৰ বৰ্জিত কাম কৰি ফুৰিবি ? অৱশ্যে বহুতো কাৰণত মানুহৰ মনত সংসাৰৰ
প্ৰতি খং অভিমান সঞ্চাৰিত হয়। মোৰো তোৰ দেউতাকৰ ওপৰত খং উঠিছিল। বাটৰ মানুহৰ
সন্মুখত মোক অপমান কৰিছিল। যোৱা কথা গ'ল, অতীতৰ কথা দোহাৰি লাভ নাই। সেইবোৰ দোহাৰিলে
অন্তৰৰ খং অভিমান বাঢ়িবহে, নকমে। সিতো এতিয়া আৰু নাই, কাৰ লগত মই যুঁজিম ? তই এইখন গাঁৱলৈ উভতি অহাৰ পাছত বহু
ঘটনাই ঘটি গ'ল।
বিগত কথালৈ সদায় বহি থাকিবি নেকি ? মোৰ দিন-কাল চমু চাপি আহিছে। তোৰ মনত মই
যিমান দুখ দিছোঁ, তাৰ বাবে মই তোৰ ওচৰত ক্ষমা খুজিছোঁ, শনেই।
চিন্তেই
চুইয়ে শনেইৰ হাতত ধৰিলে। গোপনে হ'লেও এয়া জীৱনৰ প্ৰথম তেওঁ তেওঁৰ উন্নত শিৰ আনৰ আগত নত কৰিলে।
মুখৰপৰা যিবোৰ কথা ওলাল, সেইবোৰ তেওঁ তাৰ কাণেৰে নুশুনিলে, হৃদয়ে যি ইংগিত কৰিলে আত্মাই সেইবোৰ
কথা ক'ব
নোৱাৰিলে। তেওঁৰ ধাৰণা হ'ল, যেন
তেওঁ নিজৰ ভিতৰত নাই। তেওঁৰ চকু দুটাই হয়তো বিজিত চিন্তেই চুইঁৰ কৰ্ম প্ৰত্যক্ষ
কৰি উপহাস কৰিছে।
কি
কাৰণত আজি তেওঁৰ এই দুৰ্বলতা ?
স্ত্ৰীৰ
শেষ আশা, শেষ
অনুৰোধে তেওঁৰ অহংকাৰ মষিমূৰ কৰিছে। একমাত্র ধোবীৰ বিষণ্ণ মুখমণ্ডলে তেওঁৰ অভিমান
ভৰিৰে গচকিছে। জীৱিত অৱস্থাত তেওঁ তেওঁৰ স্ত্ৰীৰ লগত এষাৰ কথাও
ভালদৰে কোৱা নাই। জন্মৰেপৰা জীয়েকৰ ভাল-বেয়াৰ কথাও তেওঁ চিন্তা কৰা নাই। তেওঁ মাথোন তেওঁৰ
হৃদয়ে বিচৰা কৰ্ত্তব্য কৰ্ম কৰি আহিছে। তেওঁৰ একমাত্ৰ চিন্তা— ধন, সম্পত্তি, মান-সন্মান। কিন্তু ধোবীৰ
শুকান মুখ, দুৰ্বল
দেহ দেখি উপলব্ধি হৈছে, তেওঁ যি কৰিছে, সকলো ভুল। সেই বাবে তেওঁ
মনে মনে প্রতিজ্ঞা কৰিছে, মানুহে যি কয় কওঁক, জগতে যি ভাবে ভাবক, বংশ গৌৰৱ জলাঞ্জলি দি হ'লেও তেওঁ ধোবীক সুখী কৰিব।
শনেইয়ে
ক'লে-
মোৰ ওচৰত ক্ষমা খুজিব লগীয়া কোনো কাম আপুনি কৰা নাই। আপুনি মোৰ পিতৃতুল্য, আপোনাৰ ওচৰত যদি মই কিবা অন্যায়
কৰিছোঁ, সেইবোৰ
বৰং ক্ষমা কৰি দিব। লোকচক্ষুত মই বিজাতি, অস্পৃশ্য, পতিত। তথাপি আপুনি মোক কি কাৰণত মাতিছে
? আপুনি
মোক কি কাৰণত ওচৰত বহুৱাইছে সেয়া খুলি কওঁক।
চুইয়ে
ক'লে-
সঁচা কথা, মই
তোৰ পিতৃতুল্য। সন্তান যদি অবাধ্য হয় পিতৃয়ে তাক শাস্তি নিদিয়ে জানো ? সন্তান যদি বিপথগামী হয় পিতৃয়ে তাক
সুবাট দেখুৱাই নিদিয়ে জানো?
শনেই
ক'লে-
মই নিষেধ নকৰোঁ। তথাপি সন্তান হওঁক বা পিতৃয়ে হওঁক সকলোৰে নিজস্বতা আছে, বিচাৰ-বিবেচনা কৰিবলৈ শক্তি আছে। মোৰ
যদি কিবা ভুল হৈ থাকে, মই অৱশ্যেই আপোনাৰ কথা মূৰ পাতি মানি ল'ম। কওঁক, মোৰ অপৰাধ কি?
চুইয়ে
ক’লে-
তোৰ অপৰাধ হৈছে তোৰ যৌৱনৰ উষ্ণ তেজ, উত্তেজনা আৰু অভিমান। জগতত তোৰ দৰে আৰু
উচ্ছৃংখল যুৱক আছে। সিহঁতে ভাল-বেয়া বিচাৰ-বিবেচনা নকৰি, উত্তেজনাৰ জ্বলন্ত জুইত পৰি আত্মাহুতি
দি আছে। শনেই, সকলোকে
উদ্ধাৰ কৰিবলৈ চিন্তেই চুই লৰি যাব নোৱাৰিব বা নাযাব। বেলেগ কোনোবাই চিনক বা
নিচিনক তই মোক ভালদৰেই চিনি পাৱ। মই জানো, তোৰ আগত মই নিজক লুকুৱাব নোৱাৰিম ৷
শনেই
ক'লে-
সেয়া মই জানো।
চুইয়ে
দীর্ঘনিশ্বাস এৰি ক'লে- যিদিনা তোৰ দেউতাকে আত্মীয়-পৰিজনলৈ গাঁও এৰি গুচি গৈছিল, সিদিনা মই তোমালোক যোৱা বাটৰ ফালে চাই
আছিলোঁ। মনত দুখ হোৱা নাছিল বৰং বুকুৰ ভিতৰত লুকাই থকা প্ৰতিশোধ স্পৃহাই আস্ফালন
কৰি উঠিছিল। যিদিনা তই কংকালসাৰ হৈ বিষ্ণুপুৰলৈ উভতি আহিলি, তোক দেখি মোৰ মনত দয়া উদ্ৰেক হোৱা
নাছিল ৷ তোৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ মোৰ অন্তৰ আত্মাই আহ্বান জনোৱা নাছিল৷ তাৰ
পাছত তই যিমানবাৰ মোৰ ওচৰলৈ আহিছ, প্ৰতি বাৰেই মই তোক কটু কথা শুনাই খেদি পঠাইছোঁ আৰু মই ভিতৰে ভিতৰে
আনন্দিত হৈছোঁ। তই আজি অধৰ্মী অনাচাৰী হৈ কালাতিপাত কৰিছ। সমজুৱাসকলে তোক পৰিত্যাগ
কৰিছে। সমজুৱাসকলৰ লগত লগ লাগি তোৰ ওপৰত প্ৰতিশোধ লোৱাত মোৰ কিমান সুবিধা হৈছে
কেতিয়াবা মন কৰিছ জানো?
শনেই
পূৰ্বৰ দৰে ক'লে-
জানো।
চিন্তেই
চুইয়ে স্বাভাৱিকভাবে হাঁহি মাৰি ক'লে- কিন্তু আজি তই সকলো ওলোটা দেখিছ।
ইয়াৰ কাৰণ আছে, শনেই।
মই চিন্তেই চুই, বিনা স্বাৰ্থত কোনো কাম কৰাৰ অভ্যাস মোৰ নাই- আজিও নকৰোঁ।
যেতিয়ালৈকে মোৰ ধন-সম্পত্তি বঢ়োৱাৰ ইচ্ছা আছিল মনুষ্যত্বক বিসর্জন দি ধন-
সম্পত্তি আর্জিছোঁ। আজি মই মনুষ্যত্ব বিচৰা নাই, ধন-সম্পত্তিৰ ওপৰত ভৰসা কৰা নাই।
যিদিনা মোৰ স্ত্ৰী যন্ত্ৰণাত ছটফটাই মৰিল, তাইৰ জীৱনৰ শেষ আশা প্ৰকাশ পাইছিল তাইৰ
মুখৰ কথা কেইফাকিৰ মাজত। তোৰ নাম উচ্চাৰণ কৰিয়ে তাই শেষনিশ্বাস ত্যাগ
কৰিছে।
মোৰ
নাম ?
এৰা, তোৰ নাম। তাইৰ আশা আছিল, ধোবীক তাই তোৰ হাতত গতাই নিশ্চিন্তে
মনে চকু মুদিব।
শনেইৰ
চকুৰ আগত পৃথিবীখন চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। কোনোবাই যেন তাৰ বুকুত হাতুৰীৰে কোব
মাৰিছে। সি তন্ময় হৈ চিন্তেই চুইঁৰ মুখৰ ফালে চাই থাকিল।
চুইয়ে
দীঘলকৈ উশাহ টানি ক'লে- তাই চিৰদিনৰ বাবে গুচি গ'ল। তাইৰ মৃত্যুৰ পাছত মই মোৰ হৃদয়
খেপিয়াই চালোঁ। বুজিলোঁ, যি স্নেহ, মমতাক পুৰি ছাৰখাৰ কৰি দিলোঁ, সেই স্নেহ-মমতা একেবাৰে নিঃশেষ হৈ যোৱা
নাই। ধোবীৰ মুখলৈ চাই উপলব্ধি কৰিলোঁ, তাই যি উপলব্ধি কৰিছিল, তাই যি কৈছিল, সেয়া ঠিকেই কৈছিল। তোৰ ক্রিয়া-কলাপৰ
কথা শুনি মোৰ ধাৰণা হ'ল, তহঁত
দুটাই পৰস্পৰৰ ওপৰত অভিমান কৰি আত্মহত্যাৰ বাট বাচি লৈছ। মোৰ ওপৰত খং কৰি নিজক
জ্বলাই-পোৰাই মাৰিছ। দিনে দিনে ধোবীৰ যি অৱস্থা হৈছে, তাই হয়তো আৰু অধিক দিন জীয়াই
নাথাকিব। পিতৃ হৈ জীয়েকৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰিম, শনেই। সেই বাবেই মই চিন্তেই চুই, আজি তোৰ শৰণ লৈছোঁ। মোৰ অহংকাৰ তোৰ
হাতত সমৰ্পণ কৰি সকলো দোষ স্বীকাৰ কৰিছোঁ, শনেই।
শনেই
ব্যথা ভৰা দৃষ্টিৰে চুইঁৰ মুখলৈ চালে। মাথোন এফাকি কথা ওলাল তাৰ মুখৰপৰা-
কিন্তু.....
চিন্তেই
চুইয়ে বাধা দি ক'লে- প্রতিবাদ মই নুশুনো। এয়া লোৱা মোৰ উইল। সকলো সম্পত্তি মই নিজে
উপার্জন কৰিছোঁ। দুভাগ সম্পত্তিৰ এভাগৰ অধিকাৰী মই নিজে। মই মোৰ অংশৰ সম্পত্তি
তোৰ নামত উইল কৰি দিছোঁ।
মোৰ
নামত!
এৰা, তোৰ নামত। কাৰণ মই জানো, তই মোৰ কথাৰ বাহিৰলৈ নাযাবি ।
বহু সময়
আগতেই আহি ধোবী বাহিৰত থিয় হৈ আছিল। ৰাতি অধিক হৈছে। চিন্তেই চুই
প্রতিদিন এই সময়ত খোৱা-বোৱা শেষ কৰে। ধোবী নিজ হাতেৰে বাঢ়ি দিয়ে, বৃদ্ধ দেউতাকৰ খোৱা-লোৱাৰ খবৰ তাই নিজে
ৰাখে। তাই ঠাকুৰৰ আগত প্ৰতিজ্ঞা কৰি আহিছে, আৰু কেতিয়াও কাৰো কথা তাই নাভাবে। মনত
দুঃখ, আনন্দ
অথবা উত্তেজনা নানে। বতাহত উৰি ফুৰা শিমলু তুলাৰ দৰে তাই উৰি যাব।
দেউতাকৰ
উত্তেজিত কথা-বতৰা শুনি আঁউজাই থোৱা দুৱাৰৰ ফাঁকেৰ তাই কোঠালিৰ ভিতৰলৈ চাই
পঠিয়ালে। নিজৰ চকুক তাই বিশ্বাস কৰিব নোৱাৰিলে। তাই সপোন দেখিছে, নে তাই ইপুৰীত নাই! চিন্তেই চুইঁৰ কাষত
শনেই পড়িৰা বহি আছে।
তাইৰ
কাণত পৰিল—
চিন্তেই
চুইয়ে কৈছে- একো ক্ষতি নহয়, যিসকল অনাথ, নিৰাশ্ৰয়ক আশ্রয় দিছ, সিহঁত আগৰ দৰেই আশ্ৰয় পাব। ঘৰ-দুৱাৰ
কৰি দি সিহঁতক মাটি-সম্পত্তি দিয়া হ'ব। কোনো কথাতে তোৰ অভাৱ নাথাকিব। তোৰ
যি ইচ্ছা তই তাকেই কৰিব পাৰিবি। মোৰ প্ৰয়োজন দুবেলা দুমুঠি প্রসাদ। ঠাকুৰৰ
কাৰণে মন্দিৰ তোলা হ'ল, মোৰ
প্ৰসাদ তাতেই হ'ব। মোৰ আৰু কিহৰ প্রয়োজন!
ধোবী
তধা লাগি চাই ৰ'ল ।
শনেই
মূৰ খজুৱাই খজুৱাই ক'লে- আপুনি বোধহয় জানে.......
বাধা
দি চুইয়ে ক'লে-
মই সকলো জানো। ল’ বোপা, এই দলিল ল' । তই এইখন গ্ৰহণ কৰিলেই মই নিশ্চিন্ত হ'ব পাৰোঁ। পুনৰ তই জাতত
উঠিবি, ধর্মত, সমাজত মিলিবি, তাৰ কাৰণে যিমান টকা প্রয়োজন হয়, হ'ব। সকলো টকাৰ দাস। জগতৰ কোনেও মুখ খুলি
তোৰ বিৰুদ্ধে একো ক'ব নোৱাৰিব। কইঁ পাগলী পুনৰ তাইৰ পিতৃৰ ভেটিলৈ উভতি যাব। তাইৰ
থকা-মেলা, খোৱা-লোৱাৰ
সকলো সুবিধা কৰি দিয়া হ'ব। তই ভাল ল'ৰা। মই জানো, তোৰ মনত কলংকৰ চেকা লগা নাই। মিছাতে
লোকচক্ষুত দোষী হ'বি কিয় ? বলিয়ালি ত্যাগ কৰ। তোৰ হাতত ধোবীক গতাই মই নিশ্চিন্ত হ’ম— সুখত, আনন্দত চকু মুদিম।
শনেই
অস্থিৰ হৈ উঠিল, আৰু
সিফালে দেউতাকৰ কথা শুনি বাহিৰৰ অন্ধকাৰত থিয় দি থকা ধোবীৰ প্ৰাণ বায়ু ওলাই
যোৱাৰ উপক্ৰম হ'ল। তাইৰ দেহলতা কঁপি
উঠিল। তাই তাইৰ দুৰ্বল দেহ দেৱালৰ লগত বিন্যস্ত কৰি চকু মুদিলে। নাই নাই, ই অসম্ভৱ। আজি তাই যি দৃশ্য প্রত্যক্ষ
কৰি আহিছে, জীৱনতো
তাই পাহৰিব নোৱাৰে। ধন, মান, প্রতিপত্তিৰ লোভত শনেই পড়িৰা দেউতাকৰ প্ৰস্তাৱত মান্তি হ'ব পাৰে; কিন্তু অকৃতজ্ঞ, দুশ্চৰিত্ৰ শনেই পড়িৰাৰ বুকুত তাই
কেতিয়াও নিজক বিলাই দিব নোৱাৰে।
মনে
মনে থাকিলিয়ে ?
শনেইৰ
চকু চলচলীয়া হ'ল।
ক'লে-
মোক ক্ষমা কৰক। আপোনাৰ দান, আপোনাৰ স্নেহৰ মই অযোগ্য।
চিন্তেই
চুই চমকি উঠিল।
চমকি
উঠিল ধোবীও। বেৰৰ ওপৰত মূৰ স্থাপন কৰি দুৱাৰৰ ফাঁকেৰে পলকহীন চকুৰে তাই কোঠালিৰ
ভিতৰলৈ চাই থাকিল। তাই চিন্তেই চুইৰ হাতৰপৰা দানপত্ৰ খহি পৰা দেখিলে। তেওঁ
পালেঙৰপৰা উঠি শিলৰ মূৰ্ত্তিৰ দৰে থিয় দি ৰ'ল। তেওঁৰ মুখৰপৰা
এফাকি কথাও নোলাল ৷
শনেইয়ো
বহাৰপৰা উঠি থিয় হ'ল। দুৱাৰ ঠেলি ভিতৰলৈ সোমাই যোৱাৰ বাবে ধোবীৰ ইচ্ছা জাগিল। দেউতাকৰ
হাতত ধৰি তাইৰ ক'বলৈ মন গ’ল, এয়া
তুমি কি কৰিছা ? বিধবা
জীয়েকৰ কাৰণে নিজৰ গৰ্ব, সন্মান, অহংকাৰ এজন অধৰ্মীৰ ভৰিৰ তলত ঠেলি দিছা? মোৰ এই দেহত তোমাৰ তেজ বিদ্যমান। সেই
তেজৰ বলত মই কৈছো, ভিক্ষুক, পতিত, দুশ্চৰিত্ৰ শুনেই তোমাৰ ছাঁ হোৱাৰো অযোগ্য।
কিন্তু
ধোবীৰ ভৰি নুঠিল।
চিন্তেই
চুইঁ মূৰ তুলি শনেইৰ ফালে চালে। মূৰৰ ভিতৰত যেন আগ্নেয়গিৰিৰ লেলিহান শিখা জ্বলি
উঠিল। সেই জুইত যেন সি নিজেই ভস্মীভূত হৈ যাব। তাৰ ধাৰণা হ'ল, বনেই পড়িৰাৰ পুতেক শনেই পড়িৰাই যেন জীৱনৰ
শেষ প্ৰতিশোধ লৈছে। চিন্তেই চুইঁৰ অহংকাৰ, বংশ মর্যদাৰ ওপৰত যেন বুকু ফিন্দাই খোজ
কাঢ়ি ফুৰিছে।
চিন্তেই
চুই আকৌ এবাৰ শনেইৰ মুখলৈ চালে। তেওঁ ভিতৰৰ জ্বলন্ত জুই হেঁচি ধৰি ধৈৰ্য সহকাৰে ক'লে- শনেই, মোৰ জীৱনৰ শেষ আশা পূৰণ কৰিবলৈ মই মোৰ
সৰ্বস্ব তোৰ হাতত তুলি দিবলৈ প্ৰস্তুত হৈছোঁ। মোৰ জ্বলি-পুৰি ছাৰখাৰ হোৱা প্ৰাণত
তই আঘাত নিদিবি, শনেই।
চিন্তেই
চুই পুনৰ শনেইৰ হাতত ধৰিলে।
শনেই
ক'লে-
মই আপোনাৰ অযোগ্য, অবাধ্য সন্তান। বুকুৰ মাজত লুকাই থকা কথা মই মুখত প্ৰকাশ কৰিবপৰা
নাই। মই আপোনাৰ ভৰিত ধৰিছোঁ। মই ক্ষমা নুখুজোঁ, কাৰণ মই ক্ষমাৰ অযোগ্য। আপুনি মোক যি
দণ্ড দিব, সেই দণ্ড মই হাঁহি হাঁহি মূৰ পাতি গ্ৰহণ কৰিম, কিন্তু আপোনাৰ দান, আপোনাৰ স্নেহ মই গ্ৰহণ কৰিব নোৱাৰিম।
শনেই
চিন্তেই চুইঁৰ ভৰিত ধৰিলে।
ধোবীয়ে
আৰু সহ্য কৰিব নোৱাৰিলে। ক্রোধান্বিতা সিংহিনীৰ দৰে তাই দুৱাৰ ঠেলি কোঠালিৰ ভিতৰলৈ
সোমাই আহিল।
শনেই
পড়িৰা বহাৰপৰা উঠি থিয় হ'ল।
তাৰ
চকুৰ আগত বিজুলিৰ জিলিকনি সদৃশ ধোবী। ধোবীৰ জ্বলন্ত চকু মুহূৰ্তৰ বাবে শনেইৰ
মুখমণ্ডলত নিৱদ্ধ হ'ল। চকুৰ আগত শনেই ককাই, যাৰ কাৰণে তাই জীয়াই আছে, স্বামী-শহুৰেক আৰু মাকক বলি দিছে, যাৰ কাৰণে তাই দেউতাকৰ উন্নত শিৰ নত
কৰিছে; পুনৰ
নিজেও জ্বলি-পুৰি মৰি আছে। চকুৰ আগত সেই শনেই পড়িৰা!
চিন্তেই
চুইঁ প্ৰত্যক্ষ কৰিলে, তেওঁৰ চকুৰ মণি ধোবী তেওঁৰ সন্মুখত থিয় দি আছে। তেওঁ আৰু কোনো কথা
ভাবিব নোৱাৰা হ'ল।
ধোবীয়ে
তাইৰ অস্থিৰ দেউতাকক সাৱটি ধৰি ক'লে- এয়া তুমি কি কৰিছা, দেউতা ?
চিন্তেই
চুইয়ে জীয়েকক সাৱটি ধৰি তাইৰ দুৰ্বল মুখত চুমা খাই দুটোপাল চকুপানী নিগৰাই কৰুণ
সুৰত কৈ উঠিল- ভুল কৰিছোঁ, আই— ভুল কৰিছোঁ।
নিঃসহায়
শিশুৰ দৰে দেউতাকৰ বুকুত মূৰ থৈ ধোবীয়ে ক্ষীণকণ্ঠত মাতিলে- দেউতা।
চিন্তেই
চুই জীয়েকৰ মূৰত হাত বুলাই ক'লে- তোৰ এই বৃদ্ধ সন্তানক তই ক্ষমা কৰ, আই।
ধোবীয়ে
কোনো উত্তৰ নিদিলে।
শনেই
সেই দৃশ্য সহ্য কৰিব নোৱাৰিলে। অপৰাধীৰ দৰে মূৰ নত কৰি সি কোঠালিৰপৰা ওলাই আহিল।
চকুৰ আগত ভাহি উঠিল কইঁৰ বহল চকুযুৰি। তাৰ মনত এটাই মাথোন চিন্তা, কোনেও নুবুজিলেও ধোবী নিশ্চয় বুজিব
পাৰিব, শনেই
পড়িৰা তাইৰ স্নেহৰ অযোগ্য নহয়। শনেই বর্তমান যিজনীক নিজৰ কৰি লৈছে, তাইৰ বাবেই জগতৰ সমস্ত প্রলোভনক সি
দূৰলৈ ঠেলি দিব।
ধোবী
এই কথা নিশ্চয় বুজিব পাৰিব।
x x x
ধোবী
উপলব্ধি কৰিব পাৰিলে তাই ভুল কৰিছে। ভগবানৰ অভিশাপ লৈ তাইৰ জন্ম। সকলোকে কন্দুৱাই
তাই নিজেও কান্দিছে। জগতৰপৰা আঁতৰত থাকি কাঠ শিলৰ দৰে চলা-ফুৰাৰ চেষ্টা কৰি তাই
বিফল হৈছে। তেজ মঙহৰ শৰীৰ লৈ পৃথিবীত অহা-যোৱা কৰিবলৈ হ'লে উত্তেজনাৰ প্ৰভাবৰপৰা নিজক মুক্ত
কৰা অসম্ভৱ।
দেৱতাৰ
বেদীৰ ওপৰত মূৰ বিন্যস্ত কৰি তাই প্ৰাৰ্থনা কৰিবলৈ ধৰিলে- ভগবান, তোমাৰ চৰণ তলত মোক আশ্ৰয় দিয়া, প্ৰভু, যত মোৰ স্বামী, শহুৰ-শাহুৱেকে আশ্ৰয় লৈছে।
x x x
দিনে
দিনে ধোবীৰ অৱস্থা অধিক বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে। কবিৰাজে ক'লে- তাইৰ দেহৰ ৰোগ নহয়, মনৰ ৰোগ।
ধোবী
দুৰ্বল হৈ গৈ আছে। চকু কোঠৰৰ ভিতৰলৈ সোমাই গৈছে, হনুৰ হাড় ওলাই পৰিছে। হাত দুখন দুৰ্বল, মাথোন হাড় কেইডালহে দেখা যায়। বুকুৰ
হাড় গণিব পৰা যায়। কথা ক'ব নোৱাৰে। বিছনাত পৰি আছে। ইবেলা সিবেলা কোনোমতে উঠি ঠাকুৰ ঘৰলৈ
যায়। আকুল হৃদয়ে প্ৰাৰ্থনা কৰে। কোনোবাই কিবা সুধিলে উত্তৰ নিদিয়ে।
জীয়েকৰ
অৱস্থা দেখি চিন্তেই চুই ব্যাকুল হৈ উঠিল। তেওঁৰ মনত পৰিল দুৰ্ভিক্ষৰ সময়ৰ কথা।
পেটৰ তাড়নাত এমুঠি ভাতৰ কাৰণে যিসকলে তেওঁৰ ঘৰৰ চাৰিওফালে আৰ্তনাদ কৰিছিল, সিহঁতেও হয়তো সিহঁতৰ জীয়েকৰ কাৰণে
এইদৰে ব্যাকুল হৈ উঠিছিল।
সিহঁত
তেওঁৰ সন্তান নাছিল। সেয়ে সিহঁতৰ আৰ্তনাদ শুনি চুইঁৰ প্ৰাণ ব্যাকুল হৈ উঠা নাছিল।
সিহঁতক কোনো সহানুভূতিও তেওঁ দেখুৱা নাছিল। বৰং বিৰক্ত হৈ খেদিহে পঠাইছিল। পেটৰ তাড়নাত
যিসকলে বাটে-ঘাটে
ছট্ফটাই মৰিছিল, চিন্তেই চুই সেই মৰাশ দেখি ঘৃণাত নাক কোঁচাইছিল।
চিন্তেই
চুইয়ে ধনৰ ভঁড়াল, ৰাজ্য বিস্তাৰ কৰিছিল কাৰ বাবে ?
তেতিয়া
এই প্রশ্ন তাৰ মনত উদয় হোৱা নাছিল। ওৰেটো জীৱনৰ সকলো আৰ্জিত ধন-সম্পত্তি আৰু নিজৰ গৰ্ব অভিমানৰ
বিনিময়েতো তেওঁ ধোবীৰ বাবে সুখ আনন্দ কিনিব নোৱাৰিলে। শনেই মুমুর্ষু হৈ
উভতি আহিল। জীৱন ভিক্ষা মাগিলে। যি শনেই মৃত্যুৰ কবলত পৰি
ছট্ফট্ কৰিছিল, সিয়ে আজি তেওঁৰ ধন-সম্পত্তি ভৰিৰে ঠেলি তেওঁৰ আত্ম গৌৰৱৰ ওপৰেদি
দপদপাই গুচি গ'ল।
আই
......
ধোবীয়ে
মূৰ তুলি দেউতাকৰ মুখলৈ চালে। ধোবীৰ কাষত বহি তাইৰ কপালত হাত বুলাই চিন্তেই চুইয়ে
কোমল সুৰত ক'লে-
সকলোৱে কৈছে তোৰ কোনো ৰোগ নাই। ক'চোন আই, কি তোৰ মনৰ ভাবনা? মই তোৰ বৃদ্ধ সন্তান, মোৰ ওচৰত মনৰ কথা নুলুকুৱাবি, আই । সকলো কথা খুলি ক'।
ধোবীয়ে
তাইৰ দুৰ্বল হাতেৰে দেউতাকৰ হাতত ধৰিলে।
ক' আই।
ধোবীৰ
ওঁঠত বিষণ্ণ হাঁহি। ক্ষীণ সুৰত কলে- একো নাই, দেউতা। হতভাগীনি জীয়েকৰ কাৰণে তুমি
দুঃখ, অপমান
সহিব লগা হৈছে, মোক
ক্ষমা কৰিবা।
ধোবী
চকু মুদিলে।
চিন্তেই
চুইয়ে ভাবিবলৈ ধৰিলে।
বিজুলিৰ
দৰে তেওঁৰ মনত নানা ভাবনাৰ ৰেখা খেলি গ'ল। শনেই পড়িৰাই এইবোৰৰ বাবে দায়ী।
ধোবীৰ মনত, বহুদিন
আগৰেপৰা পুহি ৰখা আশাৰ ওপৰত সি যি আঘাত দি গ'ল তাৰ প্ৰতিক্ৰিয়া ধোবী সহ্য কৰিবপৰা
নাই। চিন্তেই চুই শনেইৰ উন্নত শিৰ নত কৰিব, নহ'লে চিৰদিনৰ বাবে বিষ্ণুপুৰ গাঁৱৰপৰা
শনেইৰ নাম মচি পেলাব। তেতিয়াহে ধোবীৰ মনলৈ শান্তি ঘূৰি আহিব, তাই ভাল হৈ উঠিব।
x x x
কেইদিনমানৰপৰা
সকলোৱে শনেইৰ বিষণ্ণ ভাব লক্ষ্য কৰিছে। সিদিনা চিন্তেই চুইঁৰ ঘৰৰপৰা দুপৰ নিশা
অৰ্দ্ধ বলিয়াৰ দৰে উভতি অহাৰ পাছৰেপৰা শনেইক উদাসীন দেখা গৈছে। কাৰো লগত মন খুলি
কথা-বতৰা পতা নাই। কাম-কাজতো মন দিয়া নাই। অকলশৰীয়াকৈ বহি ভাবি থাকিবলৈ যেন সি
ভালপোৱা হৈছে।
ইয়াৰ
কাৰণ সুধিবলৈ কইঁয়ে কে’বাবাৰো তাৰ ওচৰলৈ আহিছে যদিও একোকে সুধিবপৰা নাই। তাই বুজিব পাৰিছে, নিশ্চয় কিবা ঘটনা ঘটিছে যাৰ বাবে শনেই
পড়িৰাৰ দৰে ধৈৰ্যশীল মানুহৰো ধৈৰ্যৰ বান্ধ ভাঙি গৈছে। কিন্তু ঘটনানো কি ?
ধনু
সংক্ৰান্তিৰ আগদিনা ৰাতি—
কইঁক
কাষলৈ মাতি আনি শনেই ক'লে- এষাৰ কথা সুধিম, ক’বি?
প্ৰশ্নবোধক
দৃষ্টিৰে কইঁয়ে শনেইৰ মুখলৈ চালে।
এই
ঘৰ, এই
সম্পত্তি কাৰ তই জান জানো ?
কইয়ে
সুধিলে- তোমাৰ নহয় নেকি ?
শনেইয়ে
ৰৈ ৰৈ ক'লে-
নহয়, পৰৰ
ধনেৰে মই এই সম্পত্তি কৰিছোঁ, দেহৰ ঘাম সৰাই মই পৰিশ্ৰম কৰিছোঁ, অনাবাদী মাটি মই সোণোৱালী কৰিছোঁ; কিন্ত যাৰ কাৰণে মই এইবোৰ কৰিছোঁ, যাৰ উৎসাহত দিন-ৰাতি পাহৰি গৈছিলোঁ, তাইৰ প্ৰতি মই অন্যায় কৰিছোঁ, তাইৰ মনত মই আঘাত দিছোঁ।
কইঁয়ে
আগ্ৰহেৰে সুধিলে- কোন তাই? তুমি কি অন্যায় কৰিছা ?
শনেইয়ে
খন্তেক ভাবি ক'লে-
তোৰ আগত মই এটা ঘটনা লুকাই ৰাখিছোঁ। তাৰ কাৰণে মই দুঃখিত, অনুতপ্ত; কিন্তু সেইখিনিকে মোৰ জীৱনৰ নিজস্ব কৰি
ৰাখিবলৈ দিয়া, সেইখিনিয়ে
মোৰ জীৱনৰ নিজৰ হৈ থাকক।
তুমি
যি অন্যায় কৰিছা, সেয়া জানো শোধৰাবপৰা নাযাব ? যাৰ মনত তুমি দুখ দিছা তাৰ ওচৰত ক্ষমা
খুজিব নোৱাৰিবা জানো ?
এই
বিষয়ে মই বহু ভাবিছোঁ, নাজানি, নুবুজি মই ভুল কৰিছোঁ, জানি-শুনি তাইৰ মনত দুখ দিছোঁ। একোকে আৰু
শোধৰাবপৰা নাযায়। অন্যায়ক শোধৰাবলৈ গ'লে, তাতোকৈ ডাঙৰ অন্যায় কৰিব লাগিব। নিজৰ
আগত, মানুহৰ
আগত মই পাতকী হিচাপে থিয় দিব লাগিব। সেই বাবেই........
শনেই
ৰৈ গ'ল।
কইঁয়ে
অনুৰোধ কৰি ক'লে-
ৰৈ গ'লা যে
?
শনেই
ক'লে-
এইখন ঘৰত আৰু মুহূৰ্তৰ বাবেও থাকিবলৈ মোৰ ইচ্ছা যোৱা নাই। পুনৰ বাটলৈ উভতি যোৱাৰ
বাবে মোৰ ইচ্ছা গৈছে। দেহৰ ঘাম সৰাই পুনৰ নতুন সংসাৰ গঢ়িবৰ বাবে ইচ্ছা জাগিছে।
কিন্তু
ক'ত
গঢ়িবা সেই নতুন সংসাৰ ?
নাজানো।
মানুহৰ কল্পনাৰ ওচৰতহে পৃথিবীখন সৰু, কিন্তু বাস্তৱত পৃথিবীখন বহুত ডাঙৰ।
দুচকুই যিফালে নিব........
ভাল
কথা। ইয়াকেলৈ ভাবনা কিহৰ ? দুখ কিহৰ ? তোমাৰ হাতত ধৰি তোমাৰ পিছে পিছে পৃথিবীৰ সিপাৰলৈ যাবলৈও মই
কুণ্ঠাবোধ নকৰোঁ। কিন্তু যিসকলক আশ্রয় দিছা, সিহঁতৰ কি হ'ব?
সিহঁতৰ
কথাও মই ভাবিছোঁ। যি নতুন আদৰ্শৰে সিহঁতক আপোন কৰি মোৰ লগত ৰাখিছিলোঁ, মোৰ সেই আদৰ্শ বিফল হৈছে। তথাপি সিহঁতক মই
মোৰ দেহৰ তেজ-মঙহৰ
বিনিময়ত জীয়াই ৰাখিম।
কইঁয়ে
ক’লে-
ময়ো।
শনেই
কৃতজ্ঞতাপূর্ণ চকুৰে কইঁৰ ফালে চালে। সি উপলব্ধি কৰিলে, যাৰ ওচৰত তাৰ নিজৰ সমস্ত প্ৰেম নিঃশেষ
কৰি নিবেদন কৰিছে, সেই কইঁ তাৰ অযোগ্য নহয়। ধোবীৰ বাবে দুঃখ হ'লেও কইঁৰ বাবে তাৰ অনুতাপ নাই। ধোবীক
ভুল বুজি সি কইঁক আপোন কৰি লৈ ভুল কৰা নাই ।
শনেই
কইঁৰ ফালে চাই তাইৰ মূৰ নিজৰ ফালে টানি আনি গালত চুমা খালে। কইঁয়ে লাজত তলমুৰ
কৰিলে৷
শনেইৰ
ধাৰণা হ'ল, বহু দূৰৈৰপৰা যেন ধোবীৰ দুচকুই তাৰ
ফালে চাই আছে। দুৰ্বল ওঁঠ খুলি চলচলীয়া চকুত অস্পষ্ট ভাষাত যেন কৈ আছে- অকৃতজ্ঞ!
শনেই
বুকুৰ মাজত যন্ত্ৰণা অনুভৱ কৰিবলৈ ধৰিলে ।
কইঁ।
কি
কৈছা ?
এইখন
ঘৰত আৰু মুহূৰ্তৰ বাবেও থাকিবলৈ মোৰ ইচ্ছা যোৱা নাই। বৰং কোনোবা অজানা গছৰ তলত বাস
কৰিম। য'ত
আমাৰ মা-দেউতাই খাবলৈ নাপাই ছট্ফটাই প্রাণ ত্যাগ কৰিছে তালৈকে গুচি যামহি। এইখন
ঘৰৰ চালৰ তলত যেন জুই জ্বলিছে।
গছতলক
মই ভয় নকৰোঁ ।
যোহন
ককা, ৰহিম, কাশী বেজক মাতচোন।
কইঁ
দুৱাৰ খুলি ওলাই গ'ল ।
x x x
যোহন
ককাই অকণমান হাঁহি মাৰি ক'লে- মানুহ বুলিলে মাথোন দেহটোকে নুবুজায়। দেহৰ বাহিৰেও আৰু
বহুত অংগ মানুহৰ ভিতৰত আছে। বুদ্ধি, জ্ঞান, ৰুচি, প্রেম, প্রকৃতি আদি। মাথোন দেহৰ সুখৰ কাৰণে যি
প্ৰয়োজন, মাথোন
সেয়া কৰিলে পৃথিবীৰ সকলো মানুহ সমান নহ'ব। সমান নোহোৱাটোৱে প্ৰকৃতিৰ নিয়ম।
যাৰ কাৰণে প্ৰত্যেকে ভিন্ন ভিন্ন। আটায়ে যদি সমান হ'লহেঁতেন, পানীও বৈ যাব নোৱাৰিলেহেঁতেন। সকলো
নিশ্চল হৈ থাকিলহেঁতেন। পৃথিবীত হাই-উৰুমি, আন্দোলন নাথাকিলহেঁতেন। পৰ্বতৰ ওপৰৰ
শিলৰ দৰে মনুষ্য জাতি অচল, নিৰ্জীৱ হ'লহেঁতেন।
খন্তেক
ৰৈ যোহন ককাই পুনৰ ক'লে- যাৰ বাবে জাতি, ধর্ম, বংশ মর্যদা আপোনা-আপুনি গঢ়লৈ উঠিছে। আওপুৰণি এলান্ধুকলীয়া যি সমাজ
গঢ়ি উঠিছে, তাত
নতুন কিবা কৰিবলৈ গ'লে চৌদিশৰপৰা প্ৰতিবাদৰ টৌ উঠে। পৃথিবীত নতুননো আছে কি? সকলো পুৰণি, পাহৰা অতীতৰ অজানা স্মৃতিৰ নতুন ৰূপ
মাথোন। সেয়ে বোপা, আমাৰ এইখন সমাজত স্থান নাই। তাৰ বাবেই আমি পুনৰ সমাজৰ লগত মিলি চলিব
লাগিব। সমাজৰ মাজত থাকিয়ে লাহে লাহে সংসাৰ সাধন কৰিব লাগিব। নহ'লে এইখন সমাজ এৰি গুচি যাব লাগিব।
শনেইয়ে
ক'লে-
ইয়াত আৰু এটা মুহূৰ্তও নাথাকোঁ, ককা।
যোহনে
ক'লে-
সেয়া মই জানো। এই আত্মীয়তা ভাঙিব লাগিব। যিদৰে আটায়ে আহি এইখন ঘৰত আশ্ৰয়
লৈছিলোঁ, তেনেকৈয়ে
আকৌ আটায়ে নিজৰ নিজৰ ৰাস্তা ধৰি গুচি যাব লাগিব।
ৰহিমে
ক'লে-
ঠিক কথাকে কৈছা, ককা।
এইখন ঘৰৰপৰা মই ওলাই যাম। মইতো এইখন ঘৰত আশ্ৰয় লোৱাৰ কাৰণে ৰৈ থকা নাই, শনেই ককাইয়ে মোক বান্ধি ৰাখিছে। কইঁ বাইদেৱে সেই
বন্ধন আৰু কটকটীয়া কৰিছে। এই এনাজৰী কোনেও চিঙিব নোৱাৰে। শনেই ককাই য’লৈকে যাব তাৰ হাতত ধৰি ময়ো তালৈকে
যাম।
শনেই
ক'লে-
যোহন ককা, তুমিয়ে
বা আমাক এৰি যাবা ক’লৈ ? তোমাৰ আশীৰ্বাদ লৈয়ে কইঁৰ জীৱনৰ লগত মোৰ জীৱন সাঙুৰি দিছোঁ। ৰহিমে তোমাৰ এখন হাতত
ধৰিব আৰু আনখন হাতত ধৰিম মই। ককা, তুমি বাট দেখুৱাবা আৰু আমি বাট বুলিম।
যোহন
আনন্দত আত্মহাৰা হ'ল। তাৰ চকু চলচলীয়া হৈ উঠিল। বাষ্পাৰুদ্ধ কণ্ঠত ক'লে সি- তোমালোক দুজন মোৰ দুই পুত্ৰ, দুই নয়ন। তোমালোকক এৰি মই থাকিমে বা ক'ত?
কাশী
আৰু ভৰথৰ শুকান মুখলৈ চাই কইঁয়ে ক'লে- কাশী আৰু ভৰথ মোৰ অকর্মণ্য দুই
পুত্ৰ। ইহঁতৰ ওচৰত বহি ইহঁতৰ মুখত ভাত তুলি নিদিলে, ইহঁতৰ পেট নভৰে, ককা। ইহঁতৰ দুহাত ধৰি মই তোমালোকৰ
পিছে পিছে বাট বুলিম।
কাশী
আৰু ভৰথৰ মুখ উজলি উঠিল।
শনেইয়ে
ক'লে-
কেতিয়া যাবা, ককা
?
যোহনে
ক'লে-
পলম কৰি লাভ নাই।
তেতিয়া
পুৱতি তৰা মূৰৰ ওপৰত জুইৰ আঙঠাৰ দৰে জ্বলি আছিল। যিদিনা আমাৰ এই নতুন পৃথিবী আকাশৰ
মাজৰপৰা খহি আহিছিল, যিদিনা পানী, মাটি, উদ্ভিদ, জীৱজগত সৃষ্টি হৈছিল, যিদিনা মনুষ্য জাতি আহিছিল, সিদিনাও তৰাটো এইদৰে উজ্জ্বল হৈ
জ্বলিছিল। সেই দৃশ্য তেতিয়া সকলোৱে প্ৰত্যক্ষ কৰিছে, পুনৰ আৰু বহুতে প্ৰত্যক্ষ কৰিব এই জগতৰ
উত্থান-পতন, ভাল-বেয়া। শেষত যেতিয়া
আমাৰ সৰু পৃথিবীখন কেন্দ্ৰচ্যুত হৈ মহাশূন্যত, অজানা কোনোবা ঠাইত খহি পৰিব, তেতিয়া সৃষ্টি ধ্বংস হ'ব; সৰু পৃথিবীখন জ্বলি উঠিব, পৃথিবীখন তেতিয়া মাথোন আলোকৰ শিখা হ'ব, পুৱতি তৰাটো হয়তো সিদিনাও এনেকৈয়ে
জ্বলি থাকিব।
x x x
ধোবী
চমকি উঠিল। সিদিনা সন্ধিয়াৰ সেই ঘটনা ধোবীৰ নিদ্রিত চকুৰ আগত উদ্ভাসিত হৈ উঠিল— শনেইৰ কান্ধৰ ওপৰত কইঁৰ প্ৰেমাকুল ভয়াতুৰ
মুখ! তাইৰ অজানিতে তাইৰ মুখৰপৰা এফাকি কথা ওলাই গ'ল- অকৃতজ্ঞ!
ধোবী
চকু মেলি চালে।
খোলা
খিড়িকিৰে বাহিৰৰ অন্ধকাৰ ভয়ঙ্কৰ দেখা গৈছে। পূবাকাশত মূৰৰ ওপৰত উজলি থকা পুৱতি
তৰাই যেন তাইক উপহাস কৰিছে।
লেমৰ
পোহৰ বঢ়াই লৈ চিন্তেই চুই বহাৰপৰা উঠি জীয়েকৰ ওচৰলৈ আহিল। তেওঁ ধোবীৰ কপালত
হাত দি সুধিলে-
কি হ’ল, আই ?
ধোবী তধা লাগি দেউতাকৰ মুখলৈ চাই ৰ'ল।
চিন্তেই
চুই ধোবীৰ মূৰত হাত বুলাই ক'লে- মানুহ বৰ অকৃতজ্ঞ, আই। মানুহক কৃতজ্ঞ কৰিবলৈ কঠোৰ হাতৰ
দৰ্কাৰ। শনেই পড়িৰা কাইলৈয়ে আহি হাতযোৰ কৰি মূৰ দোঁৱাই মোৰ সন্মুখত থিয় হ'ব, তই চিন্তা নকৰিবি, আই।
ধোবী
শোৱাৰপৰা উঠি বহিল। ঘৰৰ কেউফালে চকু ফুৰাই মাতিলে- দেউতা!
কি
আই ?
ধোবীয়ে
ৰৈ ৰৈ ক'লে-
শনেই ককাইক জানো ক্ষমা কৰিব নোৱাৰিবা, দেউতা ?
চুইয়ে
আগ্ৰহেৰে ক'লে-
পাৰিম, আই, সি মাথোন মুহূৰ্তৰ কাৰণে আহি মোৰ
সন্মুখত, তোৰ
কাষত থিয় হ'ব
লাগিব। সি আহিব, আই, নিশ্চয় আহিব, তাৰ কাৰণে শাস্তিৰ বিধান কৰিছোঁ।
শাস্তি!
সেয়া
একো নহয়, আই, অবাধ্য সন্তানক পিতৃয়ে জানো শাস্তি
নিদিয়ে ? মই
যি উইল কৰিছোঁ, সেয়া
সযতনে ৰাখিছোঁ। শনেই ভাল ল'ৰা। সি কৈ গৈছে, যে মই যি শাস্তি দিম সি সেয়া মূৰ পাতি গ্ৰহণ কৰিব। মোৰ শাস্তি সি
মানিব। সি উভতি আহিব. তাৰ হাতত মই মোৰ সমগ্ৰ সম্পত্তি গতাই দিম, আৰু........
নাই
নাই দেউতা, আৰু
একো নহয়। সি অকৃতজ্ঞ। দিয়া, তাক শাস্তি দিয়া। কথা কেইষাৰ কওঁতে
কওঁতে তাই গাৰুৰ মাজত মূৰ গুজিলে। তাইৰ চকুই নাকান্দিলে, কান্দিলে আত্মাই।
চিন্তেই
চুইঁয়ে তাইৰ মূৰত হাত বোলাবলৈ ধৰিলে।
ধোবীয়ে
মূৰ তুলি চাই পুনৰ সুধিলে- খুৰা অহা নাই ?
সকলোকে
লগতলৈ সি কাইলৈ আহি পাবহি। মই খবৰ পঠাইছোঁ।
ধোবীয়ে
ক'লে-
বিধেইক মই তোলনীয়া পো ল’ম, দেউতা। তুমি সকলো আয়োজন
কৰা। মই আৰু তোমাৰ অবাধ্য নহওঁ।
মাথোন
এফাকি কথা চিন্তেই চুইঁৰ মুখৰপৰা ওলাল- পাগলী!
x x x
ধনু
সংক্ৰান্তিৰ পুৱা—
কাছাৰী
ঘৰত সমজুৱাসকলক একগোট কৰি চিন্তেই চুইয়ে ক'লে- মন্দিৰ মেৰামতিৰ কাম শেষ হ'ল, এতিয়া মন্দিৰ পৰিচালনাৰ কাৰণে কিছু সম্পত্তিৰ
প্ৰয়োজন।
চুই
পহৰাজৰ ফালে কাগজপত্র আগবঢ়াই দি ক'লে- শনেই পড়িৰাৰ সকলো সম্পত্তি
মন্দিৰৰ নামত কিনা হৈছে। আইন অনুসাৰে দখলো লোৱা হৈ গৈছে। শনেই আমাৰ গাঁৱৰে সন্তান, তাক সুপথলৈ আনিবলৈ বহু চেষ্টা কৰা হ'ল; কিন্তু সম্ভৱ নহ'ল। অন্যায়-অনাচাৰ কৰি আৰু সি কিমান
দিন গাঁৱত বসবাস কৰিব? আমাৰ বুকুৰ ওপৰেদি আমাকে ৰঙা চকু দেখুৱাই ফুৰিব? নাই নাই, আৰু আমি এইবোৰ সহ্য নকৰোঁ। সমজুৱাসকল, তোমালোকে তোমালোকৰ মন্দিৰৰ সম্পত্তি
দখল লোৱা। কিন্তু সাৱধান, তাক মাৰধৰ নকৰিবা, সকলো অনাচাৰীক হাতত ধৰি ঘৰৰপৰা বাটলৈ উলিয়াই দিবা।
সেৱা
বেহেৰাই প্ৰতিবাদ কৰি ক'লে- আইন আদালত .....
সেইবোৰ
মই বুজিম। মাথোন মনত ৰাখিবা শনেই পড়িৰা বুলি কোনো মানুহ
তিনি বছৰ আগৰপৰাই এইখন গাঁৱত নাছিল। মাটিবোৰ পতিত পৰি আছিল। তোমালোকে ঘৰ তুলিছা, তোমালোকেই ধান ৰুইছা। ধান পকাৰ পাছত
অৰ্দ্ধেক ধান কাটি মন্দিৰৰ বৰ চোতালত জমা ৰাখিছা, বাকী ধান আজি কাটি বৰ চোতালত জমা কৰা হ'ব৷
সেৱা
বেহেৰাই মর্মার্থ বুজিব পাৰিলে।
বিনি
কাণ্ডিয়ে ক'লে-
যদি সিহঁতে ধান কটাত বাধা প্ৰদান কৰে? ওলোটাই আমাক মাৰধৰ কৰে?
চুইয়ে
ক'লে-
মই কোৱা মতে কাম কৰিবা, বেছি বগিয়াবগি হ'লে মোক খবৰ দিবা। খন্তেক ৰৈ তেওঁ পুনৰ ক'লে- শুনা সমজুৱাসকল, শনেই পড়িৰাৰ মাটিৰে পূজা-অৰ্চনা, অতিথি-অভ্যাগতৰ খৰচ ভালদৰে নচলিব, সেই কাৰণে মই মহাদেৱ মন্দিৰৰ কাষৰ
পোন্ধৰ বিঘা মাটি মন্দিৰৰ নামত লিখি দিছোঁ। সেই মাটিৰ ধানো এতিয়ালৈকে কটা হোৱা
নাই। শনেইৰ মাটিৰ ধান কটাৰ পাছত সেই মাটিৰ ধানো কাটি আনি সকলো ধান শনেইৰ চোতালত জমা
কৰিবা, বুজিলা
?
সমজুৱাসকলে
চুইৰ কথাৰ সমৰ্থনত হৰিবোল ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিলে । পহৰাজে বাষ্পাৰুদ্ধ
কণ্ঠত ক'লে-
চিন্তেই চুই তুমি ধন্য। ধর্মাত্মা বুলি যুগে যুগে মানুহে তোমাৰ নাম স্মৰণ কৰিব।
ধন্য ধন্য!
পুনৰ
হৰিবোল ধ্বনি উঠিল।
চুইয়ে
ক'লে-
আজি ধনু সংক্রান্তি, ঠাকুৰৰ আগত ভোগ দিব লাগিব। শুনা পহৰাজ, আজি সন্ধিয়া ভোজভাতৰ আয়োজন কৰা। ভাল
দিনবাৰ চাই চব্বিশ প্রহৰৰ নামযজ্ঞৰ আয়োজন কৰা। সকলো খৰচ মই বহন কৰিম। এই বছৰৰপৰা
আৰম্ভ হৈ এই নামযজ্ঞ মন্দিৰৰ সম্পত্তিৰ আয়ৰপৰা ভৱিষ্যতলৈও চলি থাকিব।
পহৰাজে
শলাগিলে- আহা-হা! ধন্য পুণ্যাত্মা পুৰুষ।
পুনৰ
হৰিধ্বনি হ'ল।
চুইৰ
আদেশ অনুসাৰে সমজুৱাসকল ওলাই গ'ল, একমাত্ৰ
ৰৈ থাকিল পহৰাজ।
হেজাৰ
হ'লেও
শনেই আমাৰ এইখন গাঁৱৰে ল'ৰা। তাৰ প্ৰতি মোৰ আক্রোশ নাই। তাক মই ঘৃণা নকৰোঁ। যিবোৰ ভিখাৰী তাৰ
লগত আছে, সিহঁতেই
তাক নচুৱাই আছে। যদি সিহঁত গুচি যায়, শনেই আমাৰ গাঁৱৰ ল'ৰা, পুত্ৰ তুল্য, সেয়ে সি গাঁৱত থাকি সুখেৰে ঘৰ-সংসাৰ
কৰি খাব পাৰিব।
চুইয়ে
পহৰাজক তাৰ মনৰ কথা ভালদৰে বুজাই ক'লে- সেই বুলি মন্দিৰৰ সম্পত্তিৰপৰা এটা
কণা কড়িও শনেই নাপাব। তাক তুমি বুজাই ক’বা, পহৰাজ। সি যদি মোৰ ওচৰলৈ আহে, তাৰ দোষ স্বীকাৰ কৰে, মোৰ কথাৰ বাধ্য হয়, তাৰ যিখিনি সম্পত্তি মন্দিৰৰ নামত
দিয়া হৈছে তাতকৈ দুগুণ সম্পত্তি মই নিজ হাতেৰে তাক দিম আৰু লগতে তাৰ পৈতৃক
সম্পত্তিও ওভতাই দিম।
পহৰাজৰ
চকু-মুখত বিস্ময়ৰ অভিব্যক্তি ফুটি উঠিল।
চুইয়ে
ক'লে-
তাক নিৰ্জনলৈ মাতি আনি মোৰ হৈ তুমি তাক কথাবোৰ বুজাই ক’বা। আৰু শুনা, তোমাৰ কথাত যদি তাৰ সুবুদ্ধি হয়, মোৰ ওচৰলৈ আহে বিলৰ পাঁচ বিঘা মাটি মই
তোমাৰ নামত লিখি দিম। বংশানুক্রমে তুমি সেই মাটি ভোগ-দখল কৰি খাব পাৰিবা।
পহৰাজৰ
মুখ উজ্জ্বল হৈ উঠিল। সি জানে চুই যি কয়, সেয়া তেওঁ কৰে। পহৰাজে সন্মতি জনাই ক'লে- ধন্য দয়ালু পুৰুষ! এই সামান্য কাম
মই নিশ্চয় কৰিব পাৰিম। কালিৰ ল'ৰা শনেই, সি মোৰ কথাৰ বাহিৰলৈ যাব নেকি ?
যোৱা
তেনেহ'লে...
পহৰাজ
আনন্দ মনেৰে গুচি গ'ল। দীর্ঘ নিশ্বাস এৰি চুইঁয়ে আকাশ-পাতাল ভাবিবলৈ ধৰিলে।
দিনৰ
প্ৰায় ন বজা।
পূজা
শেষ কৰি ধোবী মন্দিৰৰপৰা ওলাই আহিল। তাইৰ মূৰ ভন্ ভন্ কৰি ঘুৰি আছিল। কঁপি আছিল
তেজ-মঙহহীন দুর্বল দেহলতা। তাই চকুৰ আগত সকলো অন্ধকাৰ দেখিবলৈ ধৰিলে।
তাই
মন্দিৰৰ দুৱাৰৰ পাল্লা ধৰি থিয় হ'ল। তাইৰ চকুৰ পতা মুদ খাই আহিল ৷
পাল্লাত মূৰ লগাই দেৱতাৰ উদ্দেশ্যে তাই মনে মনে প্রার্থনা কৰিবলৈ ধৰিলে- আৰু কিমান
দিন প্রভু, কিমান
দিন আৰু কষ্ট দিবা, অপৰাধৰ শাস্তি জানো শেষ হোৱা নাই ?
দাসী
বল্লীয়ে হাতত ধৰি ক'লে- আহা আইদেউ, ঔষধ খোৱাৰ সময় পাৰ হৈ গ'ল। বহু পলম হৈ গৈছে।
বল্লীৰ
কান্ধত ভৰ দি ধোবী ৰোগশয্যালৈ উভতি আহিল, য'ত পৰি তাই কেইদিনমানৰ পৰা ছটফটাই আছে।
যন্ত্ৰণাৰ মাজতো তাই তাতেই আনন্দ পায়, পায় অকণমান শান্তি, য'ত তাইৰ চাৰিওফালে ল'ৰালিৰ স্মৃতি সিঁচৰতি হৈ আছে। তাইৰ
চকুৰ আগত প্রিয়জনৰ হাঁহিমুৱা মুখ ভাহি উঠে, মিঠা গুঞ্জন তাইৰ কাণৰ ওচৰত বাজি থাকে।
সকলো সপোনৰ দৰে লাগে। তাইৰ ইপুৰীৰ মায়াৰ বন্ধন চিঙি যায়, সিপুৰীৰ মোহ জাগে ধীৰে ধীৰে, অতি ধীৰে ধীৰে।
পহৰাজৰ
নাতিনী পাৰ্বতী ধোবীৰ বিছনাৰ কাষত বহু সময় ধৰি থিয় হৈ আছে। ধোবী তাইৰ ফালে চালে।
পাৰ্বতীয়ে
ধোবীৰ হাতত ধৰিলে।
বল্লী
ঔষধৰ গিলাচলৈ আহিল। ধোবীৰ মুখৰ কাষত ঔষধৰ গিলাচ ধৰি ক'লে- খোৱা, আইদেউ।
ধোবীয়ে
কোনো কথা নকৈ সিকাতিকৈ শোলে।
পাৰ্বতীয়ে
ক'লে-
এয়া কি কৰিছা! ঔষধ নোখোৱা জানো ?
প্রয়োজন
নাই, পার্বতী, মোৰ ঔষধৰ আৰু প্ৰয়োজন নহ'ব।
ছিঃ!
এইবোৰ কি কৈছা তুমি ?
“মোৰ অসুখ ভাল হ’ল” বুলি কৈ ধোবীয়ে মুখ ঘূৰাই শোলে। বল্লীয়ে
ক'লে-
বৃদ্ধ দেউতাকক মাতি আনো, তেওঁ নাহিলে আইদেৱে ঔষধ নাখাব ।
ঔষধৰ
গিলাচ মেজৰ ওপৰত নমাই থৈ বল্লী বাহিৰলৈ ওলাই গ'ল।
x x x
নিজম
কোঠালি।
বহু
দূৰৰপৰা গাঁৱৰ মানুহৰ কোলাহল— হৰি ধ্বনিৰ সুৰ ভাহি আহিল।
ধোবীয়ে
চকু মেলি কাণ পোণালে। পুনৰ সেই কোলাহল। সুধিলে- এয়া কিহৰ কোলাহল, পার্বতী ?
পার্বতীয়ে
ক'লে-
নাজানো, বাইদেউ!
ৰাতিপুৱাই ককা তোমলোকৰ ঘৰলৈ আহিছিল। এঘণ্টামান পাছত ঘৰলৈ উভতি গৈ শিৱক মাতি ক'লে- শিৱা, লাঠি দে'চোন। মই সুধিলোঁ, ক'লৈ যাবানো ? তেওঁ বিৰক্তিৰে ক'লে- শনেইৰ ঘৰ-দুৱাৰ দখল কৰিবলৈ যাম।
সুধিলোঁ, কিয়? তেওঁ উত্তৰ নিদিয়াকৈয়ে খৰধৰ কৰি গুচি
গ'ল।
ধোবী
আকুল নয়নে পাৰ্বতীৰ ফালে চাই থাকিল।
বল্লীৰ
পিছে পিছে চিন্তেই চুই সোমাই আহিল। ক'লে- আই, ঔষধ খোৱা নাই কিয়? লোৱা, খাই লোৱা।
দেউতাকৰ
আকুল অনুৰোধত ধোবীয়ে ঔষধ খালে। শনেই পড়িৰাৰ বিষয়ে কিবা সুধিবলৈ গৈও তাই সুধিব
নোৱাৰিলে । ওঁঠহে কঁপি উঠিল মাথোন। লাহে লাহে তাই সুধিলে- খুৰা আহিল নেকি?
চিন্তেই
চুই জীয়েকৰ কাষত বহি পিঠিত হাত বুলাবলৈ ধৰিলে। হাড়কেইডাল গণিবপৰা হৈছে। কালিৰপৰা
এনেকুৱা কিমান কংকালৰ আৰ্তনাদ তেওঁৰ কাণত বাজি আছে। এনেকুৱা কিমান
হাড়-মঙহৰ ওপৰত তেওঁ
তেওঁৰ নিষ্ঠুৰ চকু নিৱদ্ধ কৰি ৰাখিছিল।
তথাপি
তাৰ আশা জাগিছে, শনেই
পড়িৰা আহিব, পহৰাজে
লগত লৈ আহিব। ধোবীৰ মুখত পুনৰ হাঁহি বিৰিঙিব, উঠি থিয় হ'ব, তাই আৰোগ্য হৈ উঠিব।
দেউতা!
খুড়া অহা নাই ?
চিন্তেই
চুইয়ে ক'লে-
আহিছে, আই।
সি নৈৰ সিপাৰত আছে। নাৱখন সিপাৰে বন্ধা আছিল, নাৱৰীয়া নাছিল, মই মানুহ পঠাইছোঁ। তোৰ খুৰায়েৰ
সোনকালেই আহি পাবহি।
ধোবী
মনে মনে থাকিল। যিসকল গুৰুজনে ভোকাতুৰ মানুহৰ মুখত আহাৰ তুলি দি প্ৰাণ ত্যাগ কৰিলে, যিসকলৰ দেহৰ ঘাম সৰোৱা ধনেৰে নিৰাশ্রয়, অনাথ, বাটৰ মগনীয়াই আশ্রয় পালে, সেই সকলৰ অমৰ আত্মাই যেন সিপাৰৰপৰা
আকুল হৈ ধোবীৰ মুখলৈ চাই আছে। তাইৰ তৃষ্ণাতুৰ শুকান বুকুততো অমৃতৰ নিজৰা ধাৰা
নিগৰোৱা নাই, তাইৰ
কোলালৈ সিহঁত উভতি আহিব কেনেকৈ ? ধোবীৰ আঁখিৰ পতা মুদ খাই গ'লে কোনে পুৰ্বপুৰুষৰ তৃষ্ণাতুৰ আত্মাক
পানী দিব?
ধোবীয়ে
ক'লে-
তোলনীয়া পো’ৰ
কাগজপাতি ঠিক হ'ল
নেকি, দেউতা? মই বিধেইক তোলনীয়া পো ল'ম।
কি
উত্তৰ দিব চিন্তেই চুইয়ে ভাবি উলিয়াব নোৱাৰিলে। তেওঁৰ ধাৰণা হ'ল যেন ধোবীয়ে তেওঁক উপহাস কৰিছে।
পহৰাজ
হাঁহি হাঁহি ঘৰৰ কোঠালিৰ ভিতৰলৈ সোমাই আহিল।
পহৰাজক
দেখি চিন্তেই চুই বহাৰপৰা উঠি থিয় হ'ল।
দূৰত
গাঁৱলীয়াসকলৰ হৰিধ্বনিৰ শব্দ শুনা গ'ল।
চুইয়ে
উদ্বিগ্নকণ্ঠত সুধিলে- খবৰ কি, পহৰাজ ? খুব সোনকালে আহিল দেখোন ?
পহৰাজে
ক'লে-
গাঁৱৰ মানুহবোৰে ধান দাৱলৈ লাগি গৈছে। শনেইৰ ঘৰ-দুৱাৰো দখল কৰা হৈছে। আহা-হা! সকলো
কাম সুকলমে হৈ গ'ল। ঠাকুৰৰ কি মহিমা! বাধা দিবলৈ কোনো নাই।
ধোবীয়ে
মূৰ তুলি কাণ পোণালে ।
চুইয়ে
সুধিলে- শনেই!
পহৰাজে
ক'লে-
তাৰ দেখা দৰ্শন নাই। ঘৰ-দুৱাৰো খালী পৰি আছে।
চুইৰ
ধৈৰ্যৰ বান্ধ চিঙি গ'ল। তেওঁ খন্তেকৰ বাবে কেৰাহিকৈ ধোবীৰ মুখলৈ চালে। তাইৰ চকুৰ পতা
শুকান শিলৰ দৰে নিষ্প্রভ। কঁপা কঁপা ওঁঠত ফুটি উঠিছে যন্ত্ৰণাৰ অভিব্যক্তি।
চিন্তেই
চুইয়ে উপলব্ধি কৰিব পাৰিলে, শনেইক তেওঁ শাস্তি দিব নোৱাৰিলে। নিজৰ আত্মমৰ্যদালৈ সি গুচি গৈছে। সি
চুইৰ বুকুৰ মাজত কোনোদিনে মচিব নোৱাৰা দাগ আঁকি গৈছে।
শনেই
পড়িৰা ক’লৈ
গৈছে, পহৰাজ
? কোৱা
পহৰাজ ।
পহৰাজে
ৰৈ ৰৈ ক'লে-
কোনেও নাজানে। কোনেও ক'ব নোৱাৰিলে ক'লৈ গৈছে। সকলো বস্তু-বাহানি পৰি আছে; মাথোন মানুহ নাই । চ’ৰাঘৰৰ সন্মুখত এই কাগজখিলা গুজি থোৱা
আছিল।
কাগজ!
হয়।
এয়া লওঁক। ইয়াত লিখা আছে— এই ঘৰ, এই সম্পত্তি সকলো ধোবীৰ ধনেৰে কৰা হৈছে।
ধোবী
চিঞৰি উঠিল- নাই নাই—
চিন্তেই
চুইৰ কম্পিত হাতৰপৰা কাগজখিলা সৰি পৰিল। তেওঁ মুখ ঘূৰাই বেলেগ ফালে দৃষ্টি
প্ৰসাৰিত কৰিলে ।
ধোবী
বহাৰপৰা উঠি বহিবলৈ চেষ্টা চলালে। তাইৰ দুচকুৰপৰা নিগৰি পৰিল দুধাৰি চকুলো। উঠিব নোৱাৰৰি তাই
গাৰুৰ ওপৰত মূৰ বিন্যস্ত কৰি হঠাৎ কৰুণ কণ্ঠত কৈ উঠিল- উঃ, ভগবান !
ধোবীৰ
চকুৰ পতা মুদ খাই গ'ল।
চিন্তেই
চুই বিচলিত হৈ উঠিল। তেওঁ ধোবীৰ নিদ্রিত কপালত হাত থৈ মাতিলে- ধোবী, ধোবী, আইজনী!
ধোবীয়ে
কোনো উত্তৰ নিদিলে।
তাই
অস্ফূট কণ্ঠত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে- মোক পাষাণ কৰা, মুক, অথৰ্ব কঠিন কৰা ভগবান, ঠিক তোমাৰ দৰে.....
অন্ত


মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন