স্বীকাৰোক্তি(উপন্যাস)
স্বীকাৰোক্তি(উপন্যাস)
(এক)
ব্ৰেক মাৰি ৰিক্সাখন ৰখাই ৰিক্সাচালক আমজাদে
তছলিমৰ ফালে ঘূৰি ক'লে- আহি গৈছো, ছাৰ। এইখনে বিডিও অফিচ।
তছলিমে ৰিক্সাত বহিয়ে সোঁফালে চাই পঠিয়ালে । এখন এল পেটাৰ্ণ সাধাৰণ পকী ঘৰ। ঘৰৰ
সন্মুখত জৰাজীৰ্ণ ফুলনি। ফুলনিখনৰ সিপ্ৰান্তত বাৰাণ্ডা ৷ বাৰাণ্ডাৰ ওপৰত চাইবোর্ড।
চাইনবোর্ডখনত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বুলি লিখা আছে।
তছলিমে ৰিক্সাৰ পৰা নামি আমজাদক উদ্দেশ্য কৰি ক'লে- বাৰু, আপুনি খন্তেক অপেক্ষা কৰক । মই ছাৰৰ লগত দেখা কৰি আহি আছোঁ । মই ইয়াৰ পৰা আকৌ কোৱাৰ্টাৰলৈ যাব লাগিব।
তেতিয়া মই ভাড়া গতাই দিমহি ।
ৰিক্সাচালকৰ সঁহাৰি লৈ অপেক্ষা নকৰি গেট পাৰ হৈ
তছলিম চৌহদৰ ভিতৰলৈ সোমাই আহিল। সৰু পকী শিলগুটি দিয়া ৰাস্তা । ৰাস্তাৰ দুকাষে ফুলনি। বেৰবোৰ নতুনকৈ
দিয়া হৈছে। কিন্তু ফুলনিত ফুলগছ নাই। দুজোপা চম্পাফুলৰ গছহে দৈন্যতা প্ৰকাশ কৰি
থিয় দি আছে।
তছলিম বাৰাণ্ডালৈ উঠি আহিল। সি সোঁৱে-বাঁৱে চকু
ফুৰালে।বাঁওহাতে কেইগজমান আঁতৰত বিডিওৰ নেমপ্লেট থকা কোঠালিটো তাৰ চকুত পৰিল। সি
আগবাঢ়ি গৈ বিডিওৰ কোঠালিৰ সন্মুখত ৰৈ গ'ল। সি পোনে পোনে কোঠালিৰ ভিতৰলৈ সোমাই নগৈ বাৰাণ্ডাত
সিঁচৰতি হৈ থকা মানুহবিলাকৰ ফালে চকু ফুৰালে। তাৰ পাছত পৰ্দা একাষৰীয়া কৰি মূৰটো
অকনমান ভিতৰলৈ সোমাই ক'লে- মে আই কাম ইন, ছাৰ ৷
বিডিও মৈজুদ্দিন মামুদ চাহাব কিবা এটা ফাইলত চকু
ফুৰাই আছিল। সি ফাইলৰ পৰা মূৰ তুলি ক'লে- ইয়েচ, কাম ইন।
পর্দা ঠেলি তছলিম ভিতৰলৈ সোমাই গৈ নমস্কাৰ জনালে । মামুদ চাহাবে প্রতি নমস্কাৰ জনাই তছলিমক
ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি ক'লে- কওঁক, মই আপোনাৰ কাৰণে কি
কৰিব পাৰোঁ?
তছলিমে ক'লে- মোৰ নাম তছলিম, মানে তছলিম
আহমেদ। কনিষ্ঠ অভিযন্তা। এইখন অফিচত মোক এপয়েন্ট কৰিছে। এইদৰে কৈ তছলিমে বুকপকেটৰ পৰা নিয়োগপত্ৰখন উলিয়াই মামুদ চাহাবৰ ফালে আগবঢ়াই
ক'লে- এয়া মোৰ এপয়েন্টমেণ্ট
লেটাৰ, ছাৰ।
মামুদ চাহাবে হাত বঢ়াই লেটাৰখন লৈ চকু ফুৰাই
মেজৰ ওপৰত নমাই থৈ ক'লে- কথাটো অৱশ্যে মই আগতীয়াকৈয়ে জানিব পাৰিছো, কিন্তু
আপুনি দুদিন পাছতহে অহাৰ কথা আছিল? এইদৰে কৈ মামুদ চাহাবে
ব্যস্তভাবে চকী এখনলৈ আঙুলিয়াই ক'লে- বহকচোন, বহক। আপুনি দেখোন থিয় দিয়ে আছে।
মামুদ চাহাবৰ নিৰ্দেশিত চকীত বহি তছলিমে ক’লে- মোৰ বেডিং ৰিক্সাতে
আছে। ৰিক্সাখন মোৰ অপেক্ষাত ৰৈ আছে। মই বেডিং ক’ত নমাম,
ছাৰ ? সমস্যাই হ’ল
দিয়কচোন। মামুদ চাহাবে কপালত কেইটামান ভাঁজ খোৱাই ওপৰৰ ওঁঠেৰে তলৰ ওঁঠ হেঁচি ধৰি
ক'লে- আপুনি অকলেই, নে আন কোনোবা আছে
আপোনাৰ লগত ? আই মিন......
তছলিমে মামুদ চাহাবৰ ইংগিত বুজিব পাৰি ক'লে- নাই নাই ছাৰ, অকলেই। লগত বেলেগ কোনো নাই ।
নাই, মানে...
...মই আকৌ ভাবিছিলো.....মামুদ চাহাবে সেমেনা-সেমেনি কৰি
ক'লে- আজি-কালিৰ ডেকা ল'ৰা মানে বেলেগ
নহ'লেও মিছে......... লাজ নিদিব, ছাৰ।
তছলিমে লাজ মিহলি কণ্ঠত ক'লে- এইমাত্ৰ চাকৰিত সোমাইছো। গতিকে
সেইবোৰ চিন্তা কৰাৰ সুযোগে পোৱা নাই ।
অ' তাৰ মানে আপুনি বেচেলাৰ ! মামুদ চাহাব উৎসাহিত হৈ
উঠিল। ক'লে- তেনেহ'লে অসুবিধা নাই। মোৰ
কোৱাৰ্টাৰতে দুদিনমান থাকক, বর্মণে কোৱাৰ্টাৰটো এৰি দিলেই
আপুনি তালৈ গৈ উঠিব পাৰিব ।
তছলিমে সেমেনা-সেমেনি কৰি ক'লে- যদি তেনেকুৱা কোনো
সুবিধা নাই, মই নহ'লে দুদিনমান
হোটেলতে থকাৰ ব্যৱস্থা কৰোঁগৈ৷ এইদৰে কৈয়ে সি ব্যস্থভাবে ক’লে-
নাই নাই ছাৰ, আপোনাৰ তাত থকাত অৱশ্যে মোৰ কোনো অসুবিধা নাই।
আপোনাৰ অসুবিধাৰ কথা ভাবিহে থাকিবলৈ আপত্তি কৰিছোঁ। বেয়া নাপাব, ছাৰ।
মামুদ চাহাবে সন্ধানী দৃষ্টিৰে তছলিমৰ ফালে চালে।
ভাবিলে, ল'ৰাজন
কিছু স্বাভিমানী? পৰৰ মুখাপেক্ষী হ'বলৈ
টান পাইছে। সেয়ে সি তছলিমক আশ্বস্ত কৰাৰ কাৰণে ক’লে- মোৰ
অৱশ্যে তেনে কোনো অসুবিধা নাই। মই পৰিয়াল লৈ থাকোঁ যদিও এটি গেষ্টৰোম আছে। আপুনি
তাত স্বচ্ছন্দ্যে থাকিব পাৰিব। ইয়ালৈ আপুনি নতুনকৈ আহিছে। গতিকে ঠাইখনৰ বিষয়ে
আপুনি তলা-নলা নাপায় ৷ আপুনি ভবা ধৰণে ইয়াত থকা-মেলাৰ সুবিধা থকা হোটেল নাই।
গতিকে চিন্তা-ভাৱনা এৰক, বেডিং লৈ মোৰ কোৱাৰ্টাৰলৈ যাওঁকগৈ।
তছলিমৰ উত্তৰলৈ অপেক্ষা নকৰি মামুদ চাহাবে কলিং
বেল টিপিলে। খন্তেক পাছত ধুতি চোলা পৰিহিত আদহীয়া মানুহ এজন কোঠালিৰ ভিতৰলৈ সোমাই
আহিল । মানুহজনৰ মুখমণ্ডলত বয়সৰ ছাপ বিদ্যমান। গাৰ ছাল শোটোৰা-শোটোৰ। সি
সোমাই অহাৰ লগে লগে মামুদ চাহাবে ক’লে- উপেন কাই, আপুনি এটা কাম
কৰক। এখেত তছলিম আহমেদ। কনিষ্ট অভিযন্তা । বৰ্মণৰ পৰিৱৰ্তে আহিছে। এওঁক তুমি মোৰ
কোৱাৰ্টাৰলৈ লৈ যোৱা ৷ বৰ্মণে কোৱাৰ্টাৰ এৰি দিলে তালৈ গৈ উঠিব। সদ্যহতে দুই
চাৰিদিন মোৰ কোৱাৰ্টাৰতে থাকিব লাগিব ।
উপেনে তছলিমৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি উচাপ্
খাই উঠিল। চকু-মুখত ফুটি উঠিল বিস্ময়ৰ অভিব্যক্তি। উপেনৰ এই ভাবান্তৰ তছলিমৰ
চকুতো ধৰা পৰিল। বিস্ময়ৰ কাৰণো সি উপলব্ধি কৰিব পাৰিলে। তাৰ ককায়েক মিৰাণে পাঁচ
বছৰমান আগতে এইখন অফিচতে চাকৰি কৰিছিল। তছলিম দেখিবলৈ প্ৰায় তাৰ ককায়েকৰ দৰেই।
হঠাৎ দেখা মানুহ এজনে তাক মিৰাণ বুলিয়ে ভাবে। পার্থক্য ভালেখিনি আছে যদিও হঠাৎ
দেখা মানুহে সেই পার্থক্য সতকাই ধৰিব নোৱাৰে। সদায় দেখি থকা মানুহবিলাকেহে
পাৰ্থক্যটো ধৰিব পাৰে। নাই নাই, সিহঁত যমজ নাছিল। একে মাকৰ সন্তান হিচাপে এনেকুৱা
সাদৃশ্য আছিল হয়তো। মিৰাণ তছলিমতকৈ পাঁচ বছৰৰ জ্যেষ্ঠ আছিল।
আন আন মানুহৰ দৰে উপেনেও হয়তো তাক মিৰাণ বুলিয়ে
ভাবিছে। অৱশ্যে এইটো ঠিক যে, প্ৰথম দৰ্শনত তাক মিৰাণ বুলি ভাবিলেও সি যে মিৰাণ
নহয় এই বিষয়ে উপেন নিশ্চিত কাৰণ এইখন
ঠাইতে মিৰাণে পাঁচ বছৰ আগতে আত্মহত্যা কৰাটো উপেনে নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল।
বিডিও মামুদ চাহাব তেতিয়া অৱশ্যে এইখন অফিচত নাছিল। তেতিয়া বেলেগ এজন মানুহ
ইয়াত বিডিও হৈ আছিল। ককায়েকৰ মৃতদেহ নিবলৈ আহি সি তেতিয়া তদানীন্তন বিডিও
গৰাকীক লগ পাইছিল। উপেনক লগ পাইছিল যদিও এতিয়া সেয়া তাৰ মনত নাই। কাৰণ তেতিয়া
সিহঁতৰ মানসিক অৱস্থা স্থিৰ নাছিল।
উপেনৰ লগত তছলিম বাহিৰলৈ ওলাই আহি ৰিক্সাৰ কাষ
পালেহি। অলপ আঁৰত থিয় দি ৰিক্সাচালকে বিড়ি হুপি আছিল। তছলিমক দেখি সি বিড়িডাল দলিয়াই
পেলাই ৰিক্সাৰ কাষলৈ আহিল৷
ৰিক্সাচালকক উপেনে চিনি পায়। সি ৰিক্সাচালকৰ
খা-খবৰ ল'বলৈ ক'লে- কিহে আমজাদ, কেনে আছা? ঘৰৰ
আটায়েৰে কুশল নে?
আছো বাবু কোনোমতে খাই-বই। ৰিক্সাচালক আমজাদে
উপেনক উদ্দেশ্য কৰি সুধিলে- ক'লৈ যাব লাগিব?
উপেনে ক'লে- বিডিও ছাৰৰ কোৱাৰ্টাৰলৈ ব'লা
৷
তছলিম আৰু উপেন ৰিক্সাত উঠি বহিল। ৰিক্সাত বহিয়ে তছলিমে উপেনক উদ্দেশ্য
কৰি সুধিলে-ছাৰৰ কোৱাৰ্টাৰৰ বাহিৰে দুই এৰাতি থকাৰ কাৰণে বেলেগ কোৱাৰ্টাৰ নাই নেকি?
তছলিমৰ প্ৰশ্নত উপেনৰ কপালত তিনিটামান ভাঁজ পৰিল।
সি খন্তেক ভাবি ক'লে- কোৱাৰ্টাৰ অৱশ্যে এটি নথকা নহয়, কিন্তু সেইটো
কে’বা বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে।
উপেনৰ কথাত তছলিমে ৰহস্যৰ গোন্ধ পালে।
কোৱাৰ্টাৰটো পৰিত্যক্ত অৱস্থাত থকাৰ নিশ্চয় ৰহস্য আছে! কোনো কাৰণ নোহোৱাকৈ
নিশ্চয় কোৱাৰ্টাৰটো পৰিত্যক্ত অৱস্থাত পৰি থকা নাই। তদুপৰি উপেনৰ কথাৰপৰা অনুমান
হ'ল, কোৱাৰ্টাৰটো
নিশ্চয় বসবাসৰ উপযোগী হৈয়ো আছে। আন কিবা কাৰণতহে কোৱাৰ্টাৰটো পৰিত্যক্ত অৱস্থাত
আছে। কিন্তু কি সেই কাৰণ? তছলিমে ৰহস্যৰ সম্ভেদ উলিয়াবলৈ
সুধিলে- পৰিত্যক্ত অৱস্থাত পৰি আছে? কিয়?
তছলিমৰ প্ৰশ্নত উপেনে বিব্রতবোধ কৰিলে। সেয়ে সি
প্রশ্নটোৰ উত্তৰ এৰাই যাবলৈ ক'লে- কোনো কাৰণ নাই, ছাৰ। এনেয়ে
পৰি আছে।
এনেয়ে পৰি আছে, মানে? কোনো কাৰণ
নোহোৱাকৈ.....তছলিমে সন্দিগ্ধ দৃষ্টিত উপেনৰ ফালে চাই সুধিলে।
উপেনে কথাটো স্পষ্ট কৰিবলৈ ক'লে- কোৱাৰ্টাৰটোত বহুতেই
ভূত থকা বুলি ভাবে, ছাৰ। উপেনে দুই হাত কপাললৈকে তুলি কোনোবা
অদৃশ্য শক্তিক প্রণাম জনালে।
ঃ ভূত থকা বুলি ভাবে! কিয়?
সেইটো কোৱাৰ্টাৰতে এজন অভাৰচিয়াৰে আত্মহত্যা
কৰিছিল। বৰ ভাল মানুহ আছিল, ছাৰ। দেখিবলৈ সাইলাখ আপোনাৰ দৰেই আছিল। আপোনাক ছাৰৰ তাত দেখি মই প্ৰথমতে
চক্ খাই উঠিছিলো। কিন্তু এয়া কেনেকৈ সম্ভৱ ! তেওঁ পাঁচ বছৰ আগতে ঢুকাইছে। মই নিজে
তেওঁক মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছোঁ। মৃত মানুহ এজন কেনেকৈ জী উঠিব! ভাল দৰে
লক্ষ্য কৰাতহে মোৰ ভুলটো ধৰা পৰিল । দেখিবলৈ প্ৰায় একে হ'লেও আপোনালোক দুজনৰ মাজত কিছু পার্থক্য আছে। তেওঁৰ
মুখমণ্ডল আপোনাতকৈ অকনমান দীঘল আছিল আৰু বাঁও গালত এটি তিল-চিহ্ন আছিল। আপোনাৰ
মুখমণ্ডল অকনমান গোলাকৃতিৰ আৰু গালত তিল চিহ্ন নাই। তেওঁ মোক নিজৰ ককায়েকৰ দৰেই
মৰম শ্ৰদ্ধা কৰিছিল। এদিন ৰাতিপুৱা তেওঁক কোৱাৰ্টাৰত মৃত অৱস্থাত পোৱা গ'ল।
হঠাৎ মানুহ এজনে তেনেকৈ কিয় আত্মহত্যা কৰিবলৈ গ'ল? তছলিমে
সুধিলে।
মই কেনেকৈ জানিম, ছাৰ। উপেনে ক'লে- কিবা হৈছিল যদিও সেয়া মই নাজানো, ছাৰ৷
ঃ ডাক্তৰৰ ৰিপোৰ্টত কেনেকৈ মৰা বুলি কৈছিল ?
ঃ সৰহকৈ টোপনিৰ দৰৱ খোৱা কাৰণে তেনেকৈ মৰা বুলি
ডাক্তৰে ৰিপোৰ্ট দিছিল।
ঃ আজিৰ এই সমস্যা বহুল বিশ্বত আত্মহত্যা কৰাটো
ভাতৰ লগত পানী খোৱাৰ লেখীয়া কথা হৈ পৰিছে। আপুনি শুনিলে আচৰিত হ'ব, যে সমগ্ৰ
বিশ্বত প্রতি বছৰ ৮০০,০০০ জনকৈ মানুহে আত্মহত্যা কৰে। অৰ্থাৎ
প্ৰতি চেকেণ্ডত চল্লিছ জনকৈ।ইয়াত আকৌ ভূত ক'ৰ পৰা আহিল ?
মানুহৰ কথা কি ক’ব, ছাৰ!
উপেনে ক'লে- সৰহকৈ টোপনিৰ ঔষধ খোৱাৰ ফলত মৃত্যু হোৱা বুলি
ডাক্তৰে ৰিপোৰ্ট দিলেও মানুহে কিন্তু সেই কথা বিশ্বাস নকৰে। সিহঁতে ভূতে মাৰা
বুলিয়ে বিশ্বাস কৰে। অন্ধবিশ্বাস, ছাৰ। অন্ধবিশ্বাস বৰ ডাঙৰ ব্যধি। ইয়াক সতকাই
আঁতৰোৱা কঠিন ।
মই অন্ধবিশ্বাসী নহওঁ। তছলিমে দৃঢ়কণ্ঠত ক'লে- মই ডাক্তৰৰ
প্ৰতিবেদনকে বিশ্বাস কৰি তাতে থাকিম। ভূত-প্রেত এইবোৰ দুৰ্বল মনৰ কল্পনা। বাস্তৱত
ইয়াৰ কোনো মূল্য নাই।
তছলিমৰ কথা শুনি উপেনৰ মুখমণ্ডল শেঁতা পৰি গ'ল। বতাহত বিৰিণা কঁপাৰ দৰে
তাৰ শৰীৰ কঁপি উঠিল। সি পিছমুহূৰ্ততে নিজক চম্ভালি ক'লে-
তেনেকৈ বহুতেই কয়, ছাৰ; পাছত কিন্তু
বহুতেই ভয় পায়।
মই নাপাওঁ। তছলিমে হাঁহি মাৰি ক'লে- ব’লক। মই তাতে থাকিম।
কিন্তু ঘৰটো বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে।
উপেনে ক'লে- খুবেই লেতেৰা হৈ আছে,
ছাৰ
তছলিমে বেলিৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি ক'লে- বেলি ভালেখিনি আছে।
ঘৰটো পৰিষ্কাৰ কৰিবলৈ মানুহ এজন লগাই দিয়ক ।
বিডিও ছাৰে খং কৰিব পাৰে। উপেনে ক'লে- মই বিডিও ছাৰৰ অনুমতি
নোহোৱাকৈ আপোনাক তাত থাকিবলৈ দিব নোৱাৰো, ছাৰ।
বিডিও ছাৰে খং কৰিব কিয়? তছলিমে সন্ধানী দৃষ্টিত
উপেনৰ ফালে চাই সুধিলে।
কাৰণ সেই দুৰ্ঘটনাটো হোৱাৰ পাছৰ পৰা এতিয়ালৈকে
তাত কোনেও থকা নাই। উপেনে ক’লে- দুৰ্ঘটনাৰ এবছৰ পাছত এজন ইঞ্জিনিয়াৰ এটা নিশাৰ
কাৰণে অকলে তাত আছিল। কিন্তু পাছদিনাই তেওঁ কোৱাৰ্টাৰ সলনি কৰিছিল।
তেওঁ ভূত দেখিছিল নেকি? তছলিমে তাচ্ছিল্যৰ সুৰত
সুধিলে।
নাই নাই, ছাৰ। উপেনে ক'লে- ওৰেটো নিশা তেওঁৰ
টোপনি হোৱা নাছিল ।
কাৰণ কি আছিল?
ঃ তেওঁ হেনো সপোনত বহু কিবা-কিবি দেখিছিল।
তাৰ মনৰ দুৰ্বলতাৰ কাৰণে তেনেকুৱা হৈছিল।
এইদৰে কথা পাতি পাতি আহি সিহঁত বিডিওৰ কোৱাৰ্টাৰ
পালেহি। ৰিক্সাৱালাই পিছফালে ঘূৰি চাই সুধিলে- ইয়াতে ৰাখিম নেকি, ছাৰ?
ইয়াত মানে? তছলিমে সুধিলে।
উপেনে ক'লে- এইখনে বিডিও ছাৰৰ কোৱাৰ্টাৰ, ছাৰ ।
তেনেহ'লে ইয়াত ৰখাৰ দৰ্কাৰ নাই। তছলিমে দৃঢ়কণ্ঠত ক'লে- সেই পৰিত্যক্ত ঘৰটোলৈ ব’লক।
ইতিমধ্যে ৰিক্সাৱালই ৰিক্সা ৰখাই দিছিল। উপেনে ব্যস্তভাবে ৰিক্সাৰ পৰা নামি ক'লে- ৰ'ব, ছাৰ । মই চাবি লৈ আহি আছো। চাবি ছাৰৰ
কোৱাৰ্টাৰতে আছে।
তছলিমৰ অনুমতিলৈ অপেক্ষা নকৰি গেট খুলি উপেন
বিডিওৰ কোৱাৰ্টাৰৰ চৌহদৰ ভিতৰলৈ সোমাই গ'ল। দুই মিনিটমান পাছতে সি চাবি লৈ আহি ৰিক্সাত উঠি
বহিল।
কিছুদূৰ অহাৰ পাছতে ৰিক্সাখন উপেনৰ নিৰ্দেশত এল
পেটাৰ্ণ কোৱাৰ্টাৰ এখনৰ সন্মুখত ৰৈ গ'ল।
কোৱাৰ্টাৰৰ সন্মুখত ফুলনি। বতৰৰ ফুল ফুলি জক্কাই
আছিল। ফুলনিৰ জেওৰাবোৰ নতুনকৈ দিয়া হৈছে।
উপেনে ৰিক্সাৰ পৰা নামি প্রশ্নবোধক দৃষ্টিৰে
তছলিমৰ ফালে চালে। তছলিমে সুধিলে- পালো নেকি?
উপেনে সন্মতিসূচক মূৰ দুপিয়ালে ।
ৰিক্সাৰপৰা নামি উপেনে আমজাদক উদ্দেশ্য কৰি ক'লে- মই ছাৰৰ ব্ৰীফকেছটো
লৈছো। তুমি হোল্ড-অলটো লোৱা।
সিহঁত গেট খুলি কোৱাৰ্টাৰৰ চৌহদৰ ভিতৰলৈ সোমাই
আহিল।
তছলিমে কোৱাৰ্টাৰটো নিৰীক্ষণ কৰি ক'লে- আপুনি দেখোন কৈছিল
কোৱাৰ্টাৰটো বসবাসৰ অনুপযোগী।এতিয়া দেখিছো নতুনকৈ চূণ-তেল দিয়া হৈছে।
উপেনে কথাটো বুজাই ক'লে- কেইদিনমান আগতে আমাৰ
অফিচত চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান অনুষ্ঠিত গৈ গৈছে। তেতিয়াই
চূণ-তেল দিয়া হৈছে। ভাগি-ছিগি যোৱা জেওৰাবোৰো নতুনকৈ মেৰামত কৰা হৈছে। এইবোৰ কৰাৰ
কাৰণে চৰকাৰে হেনো বহু টকা দিছিল।
ইতিমধ্যে আমজাদ গৈ বাৰাণ্ডা পাইছিলহি। সি ক'লে- এইবোৰ নমাম ক’ত?
উপেনে ইফালে সিফালে চকু ফুৰাই কোনো সুবিধাজনক ঠাই
নেদেখি ক’লে-ক'ত আৰু নমাবা! বাৰাণ্ডাতে নমাই থোৱা ।
আমজাদে ক’লে- বাৰাণ্ডাত ধূলি-মাকতি জমি আছে। ইয়াত নমালে ধূলি-মাকতি
লাগিব। আপুনি তলা খোলক। একেবাৰে ভিতৰলৈ নি নমামহি।
উপেনে ততাতৈয়াকৈ তলা খুলি ব্রীফকেচটো লৈ কোঠালিৰ
ভিতৰলৈ সোমাই গ'ল। সি খিড়িকিবোৰ খুলি দিয়াৰ পাছত তছলিম আৰু আমজাদো ভিতৰলৈ সোমাই আহিল।
উপেনে পুৰণি কাপোৰ এডোখৰ লৈ মেজ এটা জাৰি-জোকাৰি
চাফা কৰি আমজাদক উদ্দেশ্য কৰি ক'লে- হোল্ড-অলটো ইয়াতে নমোৱা ৷ আমজাদে হোল্ড-অলটো মেজৰ
ওপৰত নমাই ক'লে- মোৰ বেলেগ ভাড়া আছে। মই এতিয়া যাওঁ ।
তছলিমে ভাড়া গতাই দিয়াৰ পাছত আমজাদ কোঠালিৰ পৰা
ওলাই গ'ল।
তছলিমে ক’লে- মই এইটো কোঠালিতে থাকিব লাগিব নেকি?
ঃ হয়, আপুনি ইয়াতে থাকিব লাগিব ।
ঃ ইয়াত দেখোন খাট-ছাট একো নাই?
উপেনে কাষৰ কোঠালিটোৰ ফালে আঙুলিয়াই ক'লে- খাট সেইটো কোঠালিত
আছে। তাৰ পৰা খাটটো ইয়ালৈকে অনাৰ ব্যৱস্থা কৰিব লাগিব।
তছলিম কৌতূহলী হৈ উঠিল। ক’লে- কিয়, সেইটো কোঠালিত থকাত কিবা অসুবিধা আছে নেকি ?
তাত নথকাই ভাল হ'ব, ছাৰ।
সেইটো কোঠালিতে আত্মহত্যাৰ ঘটনাটো ঘটিছিল, ছাৰ।
তছলিমে জানে তাৰ ককায়েক মিৰাণে সেইটো কোঠালিতে
আত্মহত্যা কৰিছিল। তছলিম নিজেই সেই কথাৰ সাক্ষী। আত্মহত্যাৰ খবৰ পাই সি নিজেই
আহিছিল তাৰ দেউতাক আৰু অন্যান্য আত্মীয়-স্বজনৰ সৈতে ককায়েকৰ মৃতদেহটো চমজাই ল'বলৈ। গতিকে উপেনে তাক
কোঠালিটোতথাকিবলৈ দিয়াত আপত্তি কৰি আছে। কাৰণ আত্মহত্যা কৰিলে, মৃতকৰ আত্মা আত্মহত্যা কৰা ঠাইডোখৰত ঘূৰি ফুৰে বুলি বহুতেই বিশ্বাস কৰে।
জনশ্রুতি অনুসৰি ঠাইডোখৰত কোনোৱাই অনধিকাৰ প্ৰৱেশ কৰিলে প্রেতাত্মাটো খঙত জ্বলি
উঠে আৰু নানা ধৰণৰ ভয়-ভাবুকি প্ৰদৰ্শন কৰি তাক খেদি পঠিয়াবলৈ চেষ্টা কৰে। এই
জনশ্রুতিয়ে মানুহক দুৰ্বল কৰি তোলে। ফলত আত্মহত্যা কৰা কোঠালিত বহুতেই থাকিবলৈ
ভয় পায়। কোনোবাই সাহস গোটাই থাকিলেও সি মানসিক দুশ্চিন্তাত ভোগে আৰু পাছৰ
পৰ্যায়ত কোঠালিটোত থাকিবলৈ আপত্তি কৰে।
কিন্তু তছলিমে জানে, তাৰ ককায়েকে কেতিয়াও
তাৰ অনিষ্ট নকৰে। কাৰণ জীৱিত কালত তাৰ ককায়েকে তাক খুউব মৰম কৰিছিল। সি নিজেও
ককায়েকক খুউব ভাল পাইছিল। তদুপৰি সি ভূত-প্রেত বিশ্বাস নকৰে। সেয়ে সি ক'লে- ব’লকচোন, কোঠালিটো আগতে
চাই লওঁ।
উপেনে ইতস্ততঃ কৰিবলৈ ধৰিলে। সি বুজাবলৈ চেষ্টা
চলালে যে, কোঠালিটো অভিশপ্ত! তালৈ
যোৱাৰ তাৰ মুঠেই ইচ্ছা নাই। গ'লে কিবা বিপদ হ'ব পাৰে। কিন্তু তছলিমে তাৰ কথাত গুৰুত্ব নিদিয়াত সি ক'লে- কোঠালিটো বহুদিন ধৰি বন্ধ হৈ আছে। ধূলি-বালিও জমি আছে। এতিয়া হয়তো
বসবাসৰ উপযোগীয়ে হৈ থকা নাই।
তছলিমো সহজে এৰা ভকত নহয়। সি ক’লে- চোৱাতনো আপত্তি কি?
বসবাসৰ উপযোগী নহ'লে নাথাকো। বচ্। খাটটোওতো
তাতেই আছে। খাটটোওতো আনিব লাগিব।
উপেনে কোনো অজুহাত বিচাৰি নাপাই আত্মসমৰ্পণৰ
ভংগীত ক'লে- বাৰু, ব’লক ।
কোঠালিটোত তলামৰা আছিল। উপেনে তলা খুলি দুৱাৰটো
খুলিলে। দুৱাৰটো খোলাৰ লগে লগে এজাক ভেছভেচীয়া গোন্ধই সিহঁতক আদৰণি জনালে।
দুয়ো কোঠালিৰ ভিতৰলৈ সোমাই গ'ল। কোঠালিটো ১৮ ফুট বাই ১২
ফুট বহল। এটা খাটৰ বাহিৰে বেলেগ আচবাবপত্র নাই। উপেনৰ ভাষাত অভিশপ্ত খাট। পাঁচ
বছৰে কোনেও ব্যৱহাৰ কৰা নাই।
তছলিমে খিড়িকিবোৰ খুলি দিলে। শীতল নির্মল বতাহ
এজাক কোঠালিটোৰ ভিতৰলৈ সোমাই আহিল ৷
তছলিমে খাটটোৰ ফালে চালে। এমুঠি পুৰণি স্মৃতিয়ে
তাৰ মনত খলকনি তুলিলে । কিন্তু সি মনৰ বিষাদ মনতে সামৰি উপেনক উদ্দেশ্য কৰি ক'লে- আপুনি বিছনাপত্ৰবোৰ
এইটো কোঠালিলৈ লৈ আহক। মই ইয়াতে থাকিম।
উপেনে কথাটোত আপত্তি কৰিব খুজিছিল যদিও তছলিমৰ
দৃঢ়তা দেখি প্ৰতিবাদ কৰিবলৈ সাহস গোটাব নোৱাৰিলে। সি নিঃশব্দে কোঠালিটোৰ পৰা ওলাই
গ'ল ।
দুই
পাছদিনা ৰাতিপুৱা তছলিমে অলপ দেৰিকৈ সাৰ পালে।
গাৰুৰ তলৰ পৰা ঘড়ীটো উলিয়াই সি চকু ফুৰালে । কেতিয়াবাই সাত বাজি গৈছে। বিছনাত বহিয়ে
সি বিছনাৰ গাত লাগি থকা খিড়িকিটো খুলি দিলে। এচমকা ৰ'দ কোঠালিটোৰ ভিতৰলৈ সোমাই
আহিল। সি খিড়িকিখনেৰে বাহিৰলৈ চাই পঠিয়ালে। ফুলনিখন খিড়িকিৰ তলৰ পৰা ৰাস্তালৈকে
বিস্তৃত। সি খিড়িকিখনেৰে ৰাস্তাৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। ৰাস্তাত বিশেষ
আহ-যাহ নাই। মাথোন এজনী তিৰোতা মানুহ তাৰ চকুত পৰিল। তিৰোতাজনীয়ে তিনি বছৰীয়া ল'ৰা এজনৰ হাতত ধৰি সি থকা কোৱাৰ্টাৰটোৰ ফালে আহি আছিল । হয়তো তিৰোতাজনীয়ে পলমকৈ হ'লেও প্রাতঃভ্ৰমণলৈ ওলাই
আহিছে! অথবা ল'ৰাটোক নিচুকাবলৈ এনেয়ে বাটে বাটে খোজ কাঢ়ি
আছে।
তছলিম থকা কোৱাৰ্টাৰৰ সন্মুখলৈ অহাৰ পাছত ল'ৰাজনে বিশেষ ফুল এপাহলৈ
আঙুলিয়াই ক'লে- সেই ফুলপাহ দিয়ানা, মা।
ল'ৰাজনৰ আকস্মিক আবদাৰত তিৰোতাজনীয়ে এবাৰ ফুলনিখন আৰু
এবাৰ ল'ৰাজনৰ ফালে চাই ক’লে- ফুল! কোন
পাহ?
সেই পাহ। ল'ৰাজনে বিশেষ ফুল এপাহলৈ আঙুলিয়াই ক'লে- সৌৱা সেই পাহ।
তিৰোতাজনীয়ে ফুল। চিঙিবলৈ অনিচ্ছা প্রকাশ কৰি ক'লে- ঘৰলৈ ব’লা। আমাৰ ফুলনিৰ পৰা চিঙি দিমহি।
নাই নাই, মোক সেই পাহ ফুলেই লাগে। ল'ৰাজনে
জেদ কৰিবলৈ ধৰিলে ফুলপাহৰ বাবে।
ফুলপাহ আছিল ফুলনিৰ একেবাৰে মাজ ভাগত। এপাহ ৰঙা
গোলাপ। বেচ ডাঙৰ আকাৰৰ। দেখিবলৈকো খুবেই ধুনীয়া। তছলিমে মাক-পুতেকৰ কথোপকথন শুনি
আছিল। সি ল'ৰাজনৰ পচন্দৰ প্ৰশংসা নকৰি নোৱাৰিলে !
তিৰোতাজনীয়ে অসহায়ভাবে ফুলপাহৰ ফালে চাই ক'লে- ইয়াৰ পৰা হাত মেলি
চিঙিব নোৱাৰো নহয়! ফুলনিৰ ভিতৰলৈ সোমাই যাব লাগিব দেখোন।
জেওৰাখন ডেও দি পাৰ হোৱা, নহ'লে
মোক দাঙি দিয়া মই চিঙি আনিম। ল'ৰাজনে মাকক খাটনি ধৰিলে।
তিৰোতাজনীয়ে ক'লে- গোলাপত কাঁইট আছে। তদুপৰি
ফুলপাহ বহু ওপৰত। তই চিঙিব নোৱাৰিবি। ব’ল, ঘৰলৈ ব'ল। মই কাৰোৱাৰ হতুৱাই ফুলপাহ চিঙি নিয়ামহি।
ল'ৰাজনে জেদ ধৰিলে- নাই নাই, মোক
এতিয়াই লাগে। এইদৰে কৈয়ে সি উচুপিবলৈ ধৰিলে।
তিৰোতাজনী বিমোৰত পৰিল। কি কৰে তাই! ডেও দি জেওৰাখন
পাৰ হৈ যোৱাটো তাইৰ কাৰণে সম্ভৱ নহয়। কাৰণ জেওৰাখন ওখ। পুৰুষ মানুহৰ কাৰণে অৱশ্যে
পাৰ হৈ যোৱাত কোনো অসুবিধা নহ'ব। কিন্তু তিৰোতা মানুহৰ কাৰণে জেওৰাখন ডেও দি পাৰ
হোৱাটো তেনেই অসম্ভৱ। সেয়ে তাই এবাৰ ফুলখিন আৰু এবাৰ ৰাস্তাৰ ফালে অসহায়ভাবে
চাবলৈ ধৰিলে।
তছলিমে তিৰোতাজনীৰ অসহায় অৱস্থা মনে মনে উপভোগ
কৰি আছিল। সি তিৰোতাজনীক দেখি আছিল যদিও তিৰোতাজনীয়ে তাৰ অস্তিত্ব গম পোৱা নাছিল
৷ কাৰণ তিৰোতাজনীয়ে কোৱাৰ্টাৰটো খালী পৰি থকা বুলিয়ে জানে। সেয়ে কোৱাৰ্টাৰটোৰ
ফালে তাই ভালদৰে চোৱাই নাছিল।
তছলিমে নিজৰ উপস্থিতিৰ উমান দিবলৈ গলখেকাৰি মাৰি
বিছনাৰ পৰা নামিল ।
তিৰোতাজনীয়ে গলখেকাৰিৰ উৎস বিচাৰি খিড়িকিখনৰ
ফালে চালে। তাইৰ চকু-মুখত এনেকুৱা ভাব বিৰাজমান যে কোন মৰিবলৈ আহিল অভিশপ্ত
কোৱাৰ্টাৰটোলৈ !
তছলিম ইতিমধ্যে বাৰাণ্ডা আহি পাইছিলহি। সি তিৰোতাজনীক উদ্দেশ্য কৰি ক'লে- গেট খুলি ভিতৰলৈ সোমাই আহক।
তছলিমৰ আকস্মিক উপস্থিতিত তিৰোতাজনী ব্যতি-ব্যস্ত
হৈ উঠিল। অচিনাকি মানুহ এজন হঠাৎ সন্মুখত দেখি তাই কিছু বিচলিতও হ'ল। তথাপি এনে এটি
কোৱাৰ্টাৰৰ সন্মুখত যিটো কোৱাৰ্টাৰ পাঁচ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে। হঠাৎ ক'ৰ পৰা ওলাল মানুহজন? সি এইটো কোৱাৰ্টাৰতে নিশা
কটাইছে নেকি ! তাই ভূত দেখা মানুহৰ দৰে তছলিমৰ ফালে চাবলৈ ধৰিলে। ল'ৰাটোক কাষ চপাই আনি তাই তছলিমৰ ফালে চকু বিস্ফাৰিত কৰি চালে ৷
কোৱাৰ্টাৰটোত ভূত থাকে বুলি বহুতে বিশ্বাস কৰে।
এনেকি বিডিও মামুদ চাহাবেও বিশ্বাস কৰে। কালি সন্ধিয়া তেওঁৰ লগত দেখা কৰিবলৈ
যাওঁতে এইটো কোৱাৰ্টাৰত থাকিবলৈ সিদ্ধান্ত লোৱাৰ কথা শুনি তেওঁ প্ৰথমতে তাক ইয়াত
থাকিবলৈ দিব নোৱাৰে বুলি আপত্তি কৰিছিল। কাৰণ বিডিও অফিচৰ মূৰব্বী হিচাপে
বিষয়া-কৰ্মচাৰীৰ ভাল-বেয়া চোৱা-চিতা কৰাৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব আছে। সেয়ে
তেওঁ নিজৰ বিষয়া এজনক ভূতৰ আশ্ৰমত থাকিব দিব নোৱাৰে বুলি তাক পাকে-প্ৰকাৰে বুজাব
খুজিছিল। অফিচৰ চকীদাৰ্জনেতো কৈয়ে পেলাইছিল- আপুনি যদি থাকিবলৈ ঠায়ে নাপায়, তেনেহ’লে মোৰ ঘৰতে থাকক যিমান দিনলৈকে বেলেগ কোৱাৰ্টাৰৰ ব্যৱস্থা নহয়। সেই বুলি
ভূতৰ আশ্ৰমত নাথাকিব ।
তছলিম বিজ্ঞানৰ ছাত্ৰ৷ ভূতৰ অস্তিত্বৰ বিষয়ে তাৰ
কোনো দিনে বিশ্বাস নাই। অতিপ্রাকৃত ঘটনা পৃথিবীত সচৰাচৰ ঘটি থাকে যদিও অতিঃযোনিৰ
কোনো ঘটনা কোনোবাই নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি সি এতিয়ালৈকে শুনা নাই। তদুপৰি
কালি নিশা সি কোনো ধৰণৰ অসুবিধাও পোৱা নাই । নিশা তাৰ মোটা-মুটি ভাল টোপনিয়ে হৈছে
বুলি ক'ব পাৰি। অৱশ্যে ককায়েক
মিৰণৰ স্মৃতিয়ে তাক কিছু আমনি কৰিছে।
জড়তাৰ ভাব কাটি উঠাৰ পাছত তিৰোতাজনীয়ে ল'ৰাজনৰ ফালে আঙুলিয়াই
তছলিমক উদ্দেশ্য কৰি ক'লে- এওঁৰ ফুল লাগে ! ঘৰলৈ গৈ দিম বুলি
কোৱাতো মানিব খোজা নাই।
মই ঘৰৰ ভিতৰৰ পৰাই সকলো শুনিছো । তছলিমে ল'ৰাজনক উদ্দেশ্য কৰি ক'লে- ভাইটি, ৰ’বা মই চিঙি
দিছো। এইদৰে কৈয়ে সি জেওৰা পাৰ হৈ ফুলনিৰ ভিতৰলৈ সোমাই গৈ ল'ৰাজনে পছন্দ কৰা ফুলপাহ চিঙি জেওৰাৰ কাষলৈ আহি ল'ৰাজনৰ
ফালে আগবঢ়াই ক’লে- লোৱা ভাইটি, তোমাৰ
ফুল লোৱা ।
ল'ৰাজনে ফুলপাহ ল'বলৈ ইতস্ততঃ
কৰিবলৈ ধৰিলে। সি এবাৰ ফুলপাহ আৰু এবাৰ মাকৰ ফালে চাবলৈ ধৰিলে। ল'ৰাজনৰ মনৰ ভাব বুজিব পাৰি তিৰোতাজনীয়ে ক’লে- লোৱা!
মাকৰ অনুমতি পাই ল'ৰাজনে হাত বঢ়াই ফুলপাহ হাতত লৈ
শুঙি চালে। তাৰ পাছত দৌৰি ৰাস্তালৈ উঠি গ'ল।
তিৰোতাজনীয়ে সেমেনা-সেমেনি কৰি কৈফিয়তৰ সুৰত ক’লে- সি মোৰ অনুমতি
নোলোৱাকৈ কোনো বস্তু নলয়।
এইটো এটা ভাল গুণ। তছলিমে শলাগিলে।
তিৰোতাজনীয়ে কোৱাৰ্টাৰৰ ফালে আঙুলিয়াই ক'লে- নিশা আপুনি ইয়াতে
আছিল নেকি?
তছলিমে সন্মতিত মূৰ জোকাৰি ক'লে- হয়, ইয়াতেই আছিলো ৷
কোঠালিটো পাঁচ বছৰে খালী পৰি আছে। তিৰোতাজনীয়ে ক'লে- এইটো কোৱাৰ্টাৰত পাঁচ
বছৰ আগতে এজন জুনিয়ৰ ইঞ্জনিয়াৰে আত্মহত্যা কৰিছিল। তেওঁ দেখাত সাইলাখ আপোনাৰ
দৰেই আছিল। মই আপোনাক দেখি প্ৰথমতে
চক্ খাই উঠিছিলো। অপমৃত্যু হোৱা আত্মাবোৰ হেনো ভূত হয়।
আপুনিও তেনেকৈ ভাবে নেকি? তছলিমৰ পোনপটীয়া প্ৰশ্ন ।
তিৰোতাজনীয়ে খন্তেক ভাবি ক’লে- আগতে অৱশ্যে ভাবিছিলো।
কিন্তু এতিয়া নাভাবো। কথাটো..... তিৰোতাজনীয়ে কিবা ক'ব খুজিছিল। এনেতে উপেন আহি সেইখিনি পালেহি। উপেনক দেখি
তাই প্রসংগ সলনি কৰি ব্যস্তভাবে ক'লে- মই যাওঁ। আকৌ লগ পামহি।
তছলিমে ‘ভাল’ বুলি শলাগিলে। উপেনৰ
আকস্মিক উপস্থিতিত সি কিছু অপ্রস্তুত হৈ উঠিছিল। সেয়ে সি উপেনৰ ফালে প্ৰশ্নবোধক
দৃষ্টিৰে চালে।
উপেনে তছলিমৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি কৈফিয়তৰ
সুৰত ক'লে- মই ইয়াৰ আগতো এবাৰ
আহিছিলো। আপুনি শুই আছিল কাৰণে নামাতিলো৷ পানী আনিবলৈ গৈছিলো।
কিয়, কালি অনা পানী নাই নেকি? তছলিমে
সুধিলে।
আছে। উপেনে ক’লে- শীতকাল। ভাবিলোঁ, বাহি
পানীৰে হাত-মুখ ধুবলৈ অসুবিধা পাব।
উপেনৰ কৰ্তব্যপৰায়ণতা দেখি তছলিমে ভালেই পালে।
তথাপি সি সৌজন্যতাৰ খাতিৰত ক'লে- ইমান কষ্ট কৰাৰ কি প্রয়োজন আছিল? বাহি পানীৰেই ধুব পাৰিলোহেঁতেন।
কষ্ট আকৌ কিহৰ, ছাৰ! উপেনে উৎসাহেৰে ক'লে- এইবোৰ কাম কৰাৰ মোৰ যথেষ্ট অভ্যাস আছে। আপোনাৰ কাৰণে এইখিনি কাম
কৰিবলৈ পাই মই ভালেই পাইছো। এইদৰে কৈ উপেনে প্ৰসংগ সলনি কৰি ক'লে- আপুনি হাত-মুখ ধুই আহক, মই চাহৰ ব্যৱস্থা কৰি
আছো ।
চাহ বনাব? তছলিমে প্রশ্নবোধক দৃষ্টিৰে উপেনৰ ফালে চাই ক'লে- স্টোভ, চাহপাত, সাজ-বাচন ক’ত পাব। কালি দেখোন সেইবোৰ কিনাই নহ'ল। আজি কিনিম
বুলিহে ভাবিছো।
আপুনি সেইবোৰলৈ মূৰ ঘমাব নালাগে। উপেনে ক'লে- মই সেইবোৰ যোগাৰ
কৰিছো। আপুনি হাত-মুখ ধুই আহক। দহ মিনিটৰ ভিতৰতে চাহ ৰেডি হৈ যাব । তছলিমৰ সঁহাৰি লৈ অপেক্ষা নকৰি উপেন
কোৱাৰ্টাৰৰ ভিতৰলৈ সোমাই গ'ল।
তছলিম ফুলনিৰ পৰা ওলাই আহি হাত-মুখ ধুই নিজৰ
বেডৰোমলৈ আহি বহিল। খন্তেক পাছতে উপেনে চাহ আনি তছলিমৰ সন্মুখত থ’লে।
তিনি
চাহ-পানী খোৱাৰ পাছত তছলিমে কাপোৰ-কানি পিন্ধি
উপেনক মাত লগাই বিডিওৰ কোৱাৰ্টাৰলৈ বুলি ওলাই আহিল। বিডিওৰ কোৱাৰ্টাৰৰ গেট পোৱাৰ
লগে লগে আদহীয়া মানুহ এজনে গেট খুলি দি ক'লে- আহক, ছাৰে আপোনাক মাতিছে।
ছাৰে মাতিছে? মানে?
নাজানো ছাৰ। আদহীয়া মানুহজনে ক'লে- ছাৰে মোক মাতি ক'লে, মানুহ
এজন আহি আছে। তাক আগবঢ়াই লৈ আহা।
তছলিমে ভাবিলে, সি অহা বুলি মামুদ চাহাবে কেনেকৈ
জানিলে। সিতো খবৰ দি অহা নাই! তেনেহ'লে বিডিও চাৰে সি অহা
বুলি কেনেকৈ জানিলে ? কিন্তু সি এই বিষয়ে কোনো প্রশ্ন নকৰি
ক'লে- বাৰু, ব’লক।
মানুহজনৰ লগত তছলিম বৈঠকখানাৰ ভিতৰলৈ সোমাই গ'ল। তছলিমে বৈঠকখানাতে বহিব
খুজিছিল। কিন্তু মানুহজনে ক'লে- বেডৰোমলৈকে যাবলৈ কৈ পঠাইছে।
বেড়ৰোমলৈ যাবলৈ কৈ পঠাইছে! তছলিমে অবিশ্বাসৰ
সুৰত ক'লে।
হয় ছাৰ, মোক তেনেকৈয়ে কৈ পঠাইছে। এইদৰে কৈ মানুহজন বেডৰোমৰ
ফালে সোমাই যাবলৈ ধৰিলে।
তছলিম বিমোৰত পৰিল । বেডৰোমলৈ যাবলৈ কৈছে? কিন্তু কিয়? এইদৰে ভাবি থাকোঁতেই মানুহজন বেড়ৰোমৰ ভিতৰলৈ সোমাই গৈ মাতিলে- আহক ছাৰ,
ৰৈ আছে কিয়? সোমাই আহক ৷
তছলিম বেডৰোমৰ ভিতৰলৈ সোমাই গ'ল।
মামুদ চাহাব কাপোৰ কানি পিন্ধি বহি আছিল। তেওঁ তছলিমক উষ্ম আদৰণি জনালে- আহক, আহক৷ মই খিড়িকিৰে আপোনাক
অহা দেখা পাইয়ে খবিৰ চাচাক আপোনাক আগবঢ়াই আনিবলৈ পঠাইছিলো। আচলতে কালিয়ে আপোনাৰ
খবৰ কৰিব লাগিছিল। কামৰ হেঁচাত কথাটো পাহৰিয়ে গৈছিলো। উপেনে ক’লে, আপুনি হেনো নিশা সেই কোৱাৰ্টাৰটোতে আছিল! কোনো
অসুবিধা হোৱা নাইতো?
তছলিমে বাধা দি কৈ উঠিল- নাই নাই ছাৰ, কোনো অসুবিধা হোৱা নাই। টোপনিও ভালেই হৈছে।
মামুদ চাহাবে যেন তছলিমৰ কথা বিশ্বাস কৰিবলৈ টান
পালে! তেওঁৰ মুখ-ভংগীৰ পৰা তেনেকুৱাই অনুমান হ'ল। বিশ্বাস নকৰাটোৱে স্বাভাৱিক। পাঁচ বছৰে গঢ় লৈ উঠা মানসিকতা এদিনতে
সলনি হোৱাটো সম্ভৱ নহয়। মামুদ চাহাবৰ মনৰ ভাব, পতংগৰ পাখি গজে মৰিবলৈহে। নিশ্চয় কিবা অসুবিধা হৈছে!
কথাটো ক'বলৈহে লাজ পাইছে। ডেকা ল'ৰা!
সাহস গোটাই আছিল, এতিয়া কেনেকৈ কয় তাত থকাত অসুবিধা পাইছে
বুলি ? সেয়ে মামুদ চাহাবে উৰহীৰ ওৰ পাবলৈ ক'লে- মোৰ ইয়াতে থাকিব, নে বেলেগ ব্যৱস্থা কৰিম ?
মানে! তছলিমে মামুদ চাহাবৰ কথাৰ অৰ্থ উপলব্ধি
কৰিব নোৱাৰি ক'লে ৷
মামুদ চাহাব স্পষ্টবাদী, সহজ-সৰল মানুহ।
আওপকীয়াকৈ কথা ক'ব নাজানে। সেয়ে তেওঁ কথাটো স্পষ্ট কৰিবলৈ
ক'লে- সেইটো কোৱাৰ্টাৰৰ দুর্নাম এটা আছে। এই বিষয়ে কালিয়ে
আপোনাক কিছু ইংগিত দিয়া হৈছে। আপুনি ইতিমধ্যে উপেনৰ পৰা হয়তো কথাটো ভালদৰেই
জানিব পাৰিছে ! তেতিয়া মই ইয়াত নাছিলো? ইয়ালৈ অহাৰ পাছৰে
পৰা ময়ো কথাটো শুনি আছো। অভিশপ্ত কোৱাৰ্টাৰ.....
সেইবোৰ একো নহয়, ছাৰ। তছলিমে ক'লে- কোন কাহানিবা কি হৈছিল তাৰ বাবে কোৱাৰ্টাৰটো অভিশপ্ত হৈ যাব নেকি?
সেইবোৰ কু-সংস্কাৰৰ বাহিৰে একো নহয় ।
মানুহৰ এটা প্ৰৱণতা আছে। আটায়ে নিজক ভয়াতুৰ
বুলি পৰিচয় দিবলৈ টান পায়। নিজৰ দুৰ্বলতাৰ সম্ভেদ আন কোনোবাই পাওঁক এয়া কোনেও
আশা নকৰে। মামুদ চাহাবৰ মনৰ ভাব যিয়েই নাথাকক কিয়, নিজক সাহসী বুলি প্ৰতিপন্ন
কৰিবলৈ তেওঁ তছলিমক সমৰ্থন কৰি ক'লে- ময়ো তাকে ভাবো! কিন্তু
মানুহবিলাকক কথাটো বুজাব পৰা নাই। উৰা বাতৰি বৰ সাংঘাতিক বস্তু! চিলনীয়ে কাণ নিলে,
কাণত হাত দি সত্যাসত্য নিৰূপণ নকৰাকৈয়ে চিলনীৰ পাছত দৌৰিবলৈ আৰম্ভ
কৰে। যাক কয়, চকুমুদি বিশ্বাস! ইয়াক অন্ধ বিশ্বাস বুলিও ক'ব পাৰে......
এনেতে খবিৰ উদ্দিন কোঠালিৰ ভিতৰলৈ সোমাই আহি ক'লে- ছাৰ, বৈঠকখানাত আপোনাৰ কাৰণে দুজন মানুহ অপেক্ষা কৰি আছে।
মানুহ! এই ৰাতিপুৱা? মামুদ চাহাবে ক’লে- যাওঁক, মই গৈ আছো বুলি কওকগৈ। এইদৰে কৈ খবিৰ
উদ্দিনক বিদায় দি তছলিমক উদ্দেশ্য কৰি ক’লে- আপুনি বহক । মই সিহঁতক বিদায় দি আহি আছো ৷
মামুদ চাহাব ওলাই গ'ল। পাঁচ মিনিটমান পাছত
মামুদ চাহাব উত্তেজিতভাবে কোঠালিৰ ভিতৰলৈ সোমাই আহি ক'লে- বৰ
আচৰিত মানুহ, বুজিছে আহমেদ । পাঁচ বছৰ আগতে নিৰ্মাণ কৰা পকী ঘৰটো
বতাহ-বৰষুণ একো নাই হঠাৎ খহি পৰিছে। এয়া জানো বিশ্বাস কৰিব পাৰি ! কিযে হ'ল দেশখনত ! এনেকৈ হ'লে দেশখন চলিব কেনেকৈ? ঠিকাদাৰবিলাকে দেশখন খালে ৷
তছলিমে সুধিলে- কি স্কীমৰ কাম আছিল ?
মামুদ চাহাবে বিৰক্তি প্ৰকাশ কৰি ক'লে-ওয়েভিং চেণ্টাৰ । অলপ টকাৰ কাম নাছিল। পাঁচ লাখ টকাৰ কাম। আজি-কালি মানুহবিলাক কিবা- কিবি হৈ গ'ল ৷ লাভৰ কথাহে ভাবে,
কামৰ কথা নাভাবে। মানুহ আত্মকেন্দ্ৰিক হৈ উঠিছে। নিজৰ বাহিৰে বেলেগৰ
কথা ভবাৰ আহৰি নাই কাৰোৰে। আৰে, চৰকাৰৰ কাম মানেতো ৰাইজৰ কাম । আমিওতো ৰাইজৰে অংশ, নে কি কয় আপুনি?
এয়া আৰু ক'ব লগা কথা নেকি, ছাৰ? তছলিমে এইদৰে মামুদ চাহাবক সমৰ্থন কৰি সুধিলে- কাম চোৱা-চিতাৰ দায়িত্বত
কোন আছিল?
সেইবোৰ বহুত কথা । মামুদ চাহাবে ক’লে- মই শুনামতে কাম
চোৱা-চিতা কৰিছিল জুনিয়ৰ ইঞ্জিনিয়াৰ মিৰণ চাহাবে। কিন্তু তেওঁৰ আকস্মিক মৃত্যুত ‘ৱৰ্ক কমপ্লিশ্বন চার্টিফিকেট' দিছিল তেতিয়াৰ
ইঞ্জিনিয়াজনে। এতিয়া তেওঁ উজনি অসমৰ ক'ৰবাত কৰ্মৰত। অৱসৰ
লোৱাৰো বেছিদিন নাই। সিতো ঢৌতে খৰ মাৰি আঁতৰি গ'ল ৷ এতিয়া
পৰিল ফৰিঙৰ পাল!
ঠিকাদাৰ কোন আছিল? তছলিমে ক'লে-
তাক মাতি আনি পুনৰ কাম কৰিবলৈ দিয়ক।
সেয়া জানো সম্ভৱ? মামুদ চাহাবে ক’লে-নাও পানীত নমাৰ পাছত মিস্ত্ৰীৰ দায়িত্ব শেষ। তদুপৰি ঠিকাদাৰজন হাত
দীঘল মানুহ। এমএলএ মন্ত্ৰীৰ লগত উঠা-বহা কৰা মানুহ । ইয়াত এপইণ্টমেণ্ট হৈছে যেতিয়া সকলো গম
পাব। এইটো কামলৈয়ে মিৰণ চাহাবৰ লগত তাৰ সাপ-নেউলৰ সম্পৰ্ক গঢ়ি উঠিছিল । মিৰাণ চাহাব থাকিলে কাম কমপ্লিশ্বন
চার্টিফিকেট নিদিলেহেঁতেন । এইদৰে কৈ মামুদ চাহাবে কপালত কেইটামান ভাঁজ খোৱাই ক'লে- এতিয়া কাক পঠাওঁ,
কওঁকচোন! বৰ্মনক ক'ব পাৰিলোহেঁতেন; কিন্তু সি আজি ইয়াৰ পৰা যাবগৈ। কালি চার্জ বুজাই দিছে। আপোনাক ক’ম! এয়া কেনেকৈ সম্ভৱ? আপুনি দেখোন এতিয়ালৈকে
চার্জে বুজি লোৱা নাই! কিবা এটা ৰিপোৰ্টতো দিব লাগিব।
যদি অফিচিয়ালি কোনো অসুবিধা নাই, তেনেহ'লে মোৰ ফালৰ পৰা কোনো আপত্তি নাই। তছলিমে ক'লে-
আগাবেলা চার্জ বুজি লৈ আবেলিমানলৈকে যামগৈ। কিমান দূৰ ইয়াৰ পৰা?
বৰ বেছি দূৰ নহয়। মামুদ চাহাবে ক’লে- বাছ অৱশ্যে চলে,
কিন্তু নিয়মীয়া নহয় । গতিকে মোৰ গাড়ী লৈ যাব। আপুনি নতুন
মানুহ। অকলে যাবলৈ টান পালে, উপেনক লগত লৈ যাব। যোৱাৰ আগতে আপুনি আগৰ ফাইলটো চাই ল'ব। ফাইলটো ধীৰাজ বায়নৰ ওচৰত আছে। উপেনক ক’লেই সি
ধীৰাজ বায়নক দেখুৱাই দিব। এইদৰে কৈ মামুদ চাহাবে হাতঘড়ীলৈ চাই চক্ খাই উঠি ক'লে- বহুত বেলি হ'ল। আপুনি নহ'লে
এতিয়া যাওঁককৈ৷ মই এতিয়া ওলাবই লাগিব।
চাৰি
তছলিম কোঠালিৰপৰা ওলাই বৈঠকখানা হৈ পোনে পোনে
ৰাস্তালৈ আহিল। নতুন ঠাই এখনৰ প্ৰতি সকলোৰে বিশেষ আকর্ষণ থাকে। সি হাত ঘড়ীলৈ চালে
। আঠ বাজিছে। অফিচলৈ যোৱাৰ সময় হোৱা নাই।
কোৱাৰ্টাৰত কৰিবলৈ কোনো কামো নাই। তদুপৰি সি অফিচৰ কাৰণে কাপোৰ-কানি পিন্ধিয়ে
ওলাই আহিছে। দুপৰীয়াৰ আহাৰ হোটেলত গ্ৰহণ কৰিব। উপেনে অৱশ্যে ভাত ৰন্ধাৰ কথা কৈছিল; কিন্তু সি ভাত হোটেলত খাব
বুলি উপেনক কৈ আহিছে। গতিকে উপেনে ভাত নাৰান্ধে। টিফিনৰ সময়ত সি ওচৰৰে কোনোবা
হোটেললৈ গৈ ভাত খাব। এনেকুৱা সিদ্ধান্তই সি লৈ থৈছে।
সি ঠাইখন ঘূৰি-পকি চোৱাৰ বাবে উদ্দেশ্যহীনভাবে
খোজ ল'লে। এটি ডাঙৰ পুখুৰীৰ
চাৰিওফালে অফিচ ঘৰ আৰু কোৱাৰ্টাৰবোৰ সিঁচৰতি হৈ আছে। পুখুৰীৰ চাৰিওফালে শিলগুটি
দিয়া প্রশস্ত বাট। পুখুৰীৰ দক্ষিণ দিশত গুৰুত্বপূৰ্ণ দুটা কার্যালয়। খণ্ড
উন্নয়ন বিষয়া আৰু উপপ্ৰতি সমাহাৰ কাৰ্যালয়। পূব দিশৰ পৰা চৌহদৰ ভিতৰলৈ সোমাই
আহিলে প্রথমতে পোৱা যায় খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। খণ্ড উন্নয়ন বিষয়াৰ
কাৰ্যালয় পাৰ হৈ আহিলে পোৱা যায় উপপ্রতি সমাহৰ্তাৰ কাৰ্যালয়। বিডিওৰ কোৱাৰ্টাৰ
চৌহদৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত। চার্কেল অফিচৰ কোনো কোৱাৰ্টাৰ নাই। পুখুৰীটোৰ
পূৰ্বদিশত থকা বাটৰ সিপ্ৰান্তত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। স্বাস্থ্যকেন্দ্ৰৰ
পূৰ্বদিশত পঞ্জীয়কৰ কাৰ্যালয়ো আছে।
তছলিমে আহি আহি স্বাস্থ্যকেন্দ্র পালেহি।
স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত সি মুনিহ-তিৰোতা কেইজনমানক শাৰী পাতি থিয় দি থকা
দেখিলে। ডেটল, ফেনাইলৰ গোন্ধ আহি তাৰ নাকত লাগিল । সি স্বাস্থ্যকেন্দ্ৰৰ ফালে আগবাঢ়ি গ'ল। কৌতূহলবশতঃ সি
স্বাস্থ্যকেন্দ্ৰৰ চৌহদৰ ভিতৰলৈ সোমাই গ'ল। নাৰ্চ এজনীয়ে
কিবা বস্তু ট্ৰেত লৈ গৈ আছিল। এটা সময়ত দুয়ো মুখা-মুখি হ'ল।
নাৰ্চর্জনীয়ে কিবা ক'বলৈ গৈ ৰৈ গ'ল।
হয়তো কোনো চিনাকি মানুহ বুলি ভাবিছিল, কিন্তু ভুলটো ধৰিব
পাৰি নিজৰ কামলৈ বুলি গুচি গ'ল।
আঠ বাজি ত্ৰিছ মিনিট। অফিচৰ কাম আৰম্ভ হ'বলৈ এতিয়াও বহু দেৰি।
ওচৰৰে চাহ দোকান এখনত ৰেডিও বাজি আছিল। ৰেডিওত হিন্দী বাতৰি এইমাত্র শেষ হ'ল। স্বাস্থ্যকেন্দ্ৰৰ পশ্চিম ফালেদি শিলগুটি দিয়া প্রশস্ত ৰাস্তা এটা
উত্তৰ দিশলৈ গৈছে। বাটৰ দাঁতিত শিশু, এজাৰ, দেৱদাৰু, সোণাৰু, আমলখিকে আদি
কৰি বিভিন্ন গছ শাৰী শাৰীকৈ থিয় দি আছে। কিছুদূৰ যোৱাৰ পাছত মটৰ চাইকেলৰ শব্দ
শুনি সি পিছফালে ঘূৰি চালে । সি দূৰৰ পৰা মামুদ চাহাবক মটৰ চাইকেলৰ পিছফালে বহি থকা দেখিলে। মটৰ
চাইকেলখন তাৰ পৰা বহু আঁতৰত আছিল। সেয়ে সি মামুদ চাহাবক দেখিলে যদিও মামুদ চাহাবে
তাক সম্ভৱতঃ নেদেখিলে। নহ'লে যিহে কথা চহকী মানুহ। অন্ততঃ হাত জোকাৰি হ'লেও
তাক সম্ভাষণ জনালেহেঁতেন।
পুখুৰীটোৰ একেবাৰে উত্তৰ প্ৰান্তৰলৈ আহি ৰাস্তাটো
পশ্চিম দিশলৈ বাক লৈছে। কিন্তু কেঁচা ৰাস্তা এটা পোনে পোনে উত্তৰ দিশলৈ গুচি গৈছে।
সি পশ্চিম ফালে নুঘূৰি পোনে পোনে উত্তৰ দিশলৈ যাবলৈ ধৰিলে। বাটৰ দুয়ো কাষে ঘন
বসতি। দুটামান ঘৰ পাৰ হৈ অহাৰ পাছতে সি ৰাতিপুৱা দেখা তিৰোতাজনীক এটি ঘৰৰ
বাৰাণ্ডাত বহি ৰ'দৰ উত্তাপ লৈ থকা দেখিলে । তিৰোতাজনী তাৰ ফালেই চাই আছিল। সি গৈ
কোৱাৰ্টাৰটোৰ সন্মুখ পোৱাৰ লগে লগে তিৰোতাজনী নঙলা মুখলৈ আহি মাতিলে- আৰে, আপুনি? আহক৷ এইখনে আমাৰ ঘৰ ।
তছলিম বিমোৰত পৰিল। সি তিৰোতাজনীৰ মাতত সঁহাৰি দি
ভিতৰত সোমাব, নে পাছত আহিব বুলি কৈ গুচি আহিব তাকে লৈ উগুল-থুগুলত পৰিল। তাক
সেমেনা-সেমেনি কৰা দেখি তিৰোতাজনীয়ে পুনৰ ক'লে- কি ভাবি আছে?
আহক। একো অসুবিধা নাই।
তছলিমে হাতঘড়ীটোলৈ চাই ক'লে- ন বাজিলেই। আজি প্রথম
অফিচ। সময়মতে উপস্থিত হ'ব নোৱাৰিলে বৰ লাজৰ কথা হ'ব।
তিৰোতীজনীয়ে হাঁহিব খুজিও ৰৈ গ'ল৷ মাথোন নহে বাজিছে। এঘাৰ
বাজিবলৈ এতিয়াও বহু বাকী! এঘাৰ বজাৰ আগত অফিচলৈ কৰ্মচাৰী নাহে। তিৰোতাজনীয়ে
এইদৰে কৈ প্ৰসংগ সলনি কৰি সুধিলে- আপোনাৰ ঘৰ নগাঁওৰ ফালে নেকি?
তিৰোতাজনীৰ এই অপ্ৰত্যাশিত প্রশ্নত তছলিমে থমত্
খালে। অৱশ্যে পাছমুহূর্ততে সি নিজক চম্ভালি লৈ কৌতুক
কৰি ক'লে- আপুনি দেখিছোঁ,
মুখ চাই মানুহৰ বাসস্থানৰ কথা কৈ দিব পাৰে ! এই গুণটো বোলে শ্বর্লক
হোমচৰ আছিল। ইংলেণ্ডত জন্ম হ'লে দেখোন আপুনি হোমচৰ বিকল্পই হ’ব পাৰিলেহেঁতেন।
বিকল্প নহয়, কওঁক, শিষ্যা। তিৰোতাজনীয়ে
তছলিমৰ সুৰতে সুৰ মিলাই ঠাট্টাৰ সুৰত ক’লে- হোমচে মানুহৰ
সাজ-পাৰ, গঢ়-গতি চাই মানুহৰ
7জীৱিকা, বাসস্থান আদিৰ কথা নিৰ্ভুলকৈ কৈ দিব পাৰিছিল। মই
কিন্তু আপোনাৰ মুখৰ অৱয়ব চাই কথাটো অনুমান কৰিছোঁ মাত্ৰ। আপুনি যদি বেয়া নাপায়,
কথা এষাৰ সুধিব পাৰো নেকি?
তিৰোতাজনীয়ে কি ক'ব খুজিছে, কথাটো
তছলিমে অনুমান কৰিব পাৰিলে । তাই নিশ্চয় তাৰ ককায়েক মিৰণক দেখিছিল। সেয়ে তাই তাক মিৰণৰ ভায়েক
বা কোনোবা আত্মীয় বুলি ভাবিছে। ভবাটোও একো বিচিত্ৰ নহয় । কাৰণ সি আৰু তাৰ ককায়েক মিৰণ দেখিবলৈ
একেই আছিল । সেয়ে বহুতেই তাক মিৰণ বুলি ভুল কৰে। সেয়ে সি ঠাট্টাৰ সুৰত ক'লে- হোমচৰ গল্প উপন্যাস
ময়ো নপঢ়া নহয়। সেয়ে আপুনি কি ক’ব সেয়া মই অনুমান কৰিব
পাৰিছোঁ। কিন্তু অনুমান সদায় সঠিক নহ'বও পাৰে। গতিকে
সোধকচোন, কি সুধিব খুজিছে?
তিৰোতাজনী সজাগ হৈ উঠিল ৷ ক'লে- নাই নাই, আপুনিয়ে কওঁক, মই কি সুধিব খুজিছো?
তছলিমে ভুমিকা নকৰাকৈ গল খেঁকাৰি মাৰি ক'লে- নাই নাই, এয়া কেনেকুৱা কথা হ'ব? অনুমান
কৰিছে আপুনি, মই কেনেকৈ কম আপোনাৰ অনুমানৰ কথা!
ঠিক আছে। তিতোজনীয়ে ক'লে- ময়ে কওঁ বাৰু। আপুনি
মিৰণ আহমেদক চিনি পাইছিল নেকি? সি আপোনাৰ দৰেই ইয়াত জুনিয়ৰ
ইঞ্জিনিয়াৰ আছিল। পাঁচ বছৰ আগতে ঢুকাল।
তছলিমে ক'লে- আপোনাৰ অনুমান মিছা নহয়। কিন্তু আপুনি মিৰণক
কেনেকৈ জানিছিল?
সেয়া বহু কথা। তিৰোতাজনীয়ে ক'লে- আজিলৈ থাকক। পাছত
কোনোবাদিনা সুযোগ বুজি কম, বাৰু ।
বাৰু, আপোনাৰ যদি আপত্তি আছে মই জোৰ নকৰো। তছলিমে ক’লে- আচলতে আপোনাক মই প্ৰথম দেখাৰ সময়তে চিনি পাব লাগিছিল ।
কিয়? তিৰোতাজনীয়ে ক'লে- আপুনি মোক
আগতে ক'ৰবাত দেখিছিল নেকি?
আপোনাক অৱশ্যে দেখা নাছিলো। তছলিমে ক'লে- আপোনাৰ ফটোহে
দেখিছিলো। সেয়া প্রায় পাঁচ ছয় বছৰ আগৰ কথা। এতিয়া আপোনাৰ চেহেৰা বহু পৰিৱৰ্তন
হৈছে। সেয়ে প্ৰথম দৰ্শনত চিনিব পৰা নাছিলো।
ক’ত? তিৰোতাজনীয়ে আগ্ৰহেৰে
সুধিলে- ক’ত দেখিছিল মোৰ ফটো?
তছলিমে ৰহস্যৰ মায়াজাল সৃষ্টি কৰাৰ কাৰণে
মিচিকিয়া হাঁহি মাৰি ক'লে- আজি নকওঁ। বেলেগ কোনোবা দিনা ক'ম বাৰু।
তিৰোতাজনীয়ে কপালত কেইটামান ভাঁজ খোৱাই খন্তেক
ভাবি ক'লে- বাৰু, পাছতে শুনিম, বাৰু। কিন্তু কথাটো ক'ব লাগিব। মই কথাটো শুনাৰ কাৰণে আগ্ৰহেৰে বাট চাই থাকিম। কথাটো নুশুনালৈকে
মোৰ টোপনি ভাল নহ'ব ।
ইমান চিন্তা কৰিব নালাগে। তছলিমে ৰহস্যময় হাঁহি
মাৰি ক'লে- কথাটো ক'ব নোৱাৰিলে মোৰো পেটৰ ভাত হজম নহ'ব।
পাঁচ
তিৰোতাজনীৰ পৰা বিদায় লৈ দহ বাজিবলৈ পোন্ধৰ
মিনিট থাকোঁতেই তছলিমে অফিচ পালেহি। উপেন অফিচৰ বাৰাণ্ডাত থিয় দি আছিল। তছলিমক
দেখি সি আগবাঢ়ি আহি ক'লে- এতিয়াই আহিল নেকি, ছাৰ?
হয় আহিলো ৷ তছলিমে ক'লে- দহ বাজিবৰ হ'লেই দেখোন?
আপুনি নতুনকৈ আহিছেতো, সেয়ে অফিচৰ আও-ভাও বুজি
নাপায়। উপেনে বগলিৰ দৰে ডিঙি মেলি ৰাস্তাৰ ফালে চাই ক’লে-
এঘাৰ বজাৰ আগতে অফিচ ষ্টাফৰ এজনো নাহে, ছাৰ।
তছলিমে উপেনৰ কথাৰ অৰ্থ বুজিব নোৱাৰি ক'লে- অৰ্থাৎ !
উপেনে ক’লে- সেইবোৰ বহু কথা, ছাৰ।
কেইদিনমান গ'লে আপুনি নিজেই সকলো গম পাব। মইনো আৰু কি ক’ম!
কথা পাতি পাতি দুয়ো গৈ অফিচ ঘৰৰ ভিতৰত প্ৰৱেশ
কৰিলে। এটি হল ঘৰ। হল ঘৰটোত পাঁচখন মান মেজ। মেজৰ ওপৰত ফাইলৰ দ’ম । কোনো মানুহ নাই। চকীবোৰ খালী পৰি আছে।
প্ৰতিখন মেজৰ পিছফালে এখনকৈ কাঠৰ আলমাৰী।
উপেনে কোঠালিটোত চকু ফুৰাই ক'লে- এইখনেই আপোনলোকৰ
কোঠালি। এইদৰে কৈ উপেনে বিশেষ মেজ এখনলৈ আঙুলিয়াই ক'লে-
বৰ্মন ছাৰ ইয়াতেই বহিছিল। গতিকে আপুনিও তাতেই বহিব লাগিব।
তছলিমে কোঠালিটোত চকু ফুৰাই উপেনে দেখুৱাই দিয়া
বিশেষ মেজখনৰ ওচৰলৈ গৈ মেজৰ সন্মুখত থকা চকী এখনত বহি হাত ঘড়ীটোলৈ চালে । দহ বাজি বিছ গৈছে। কিবা কামৰ অজুহাতত
উপেন কোঠালিৰ পৰা ওলাই গ'ল। উপেন ওলাই যোৱাৰ পাছত তছলিম অকলেই হলঘৰটোত চকু মুদি বহি মেজৰ ওপৰত তবলা
বজাবলৈ ধৰিলে । অকলে অকলে বহি বহি আমনি লগাত সি পিছফালৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই
আহিল। অফিচ ঘৰৰ পিছফালে শাৰী শাৰীকৈ শিশু, এজাৰ, সোণাৰু, আমলখিকে আদি কৰি নানাবিধ গছ শাৰী পাতি থিয় দি আছে। প্রতিজোপা গছেই পূৰঠ । কিছুমান গছ হাওলি পৰিছে। গছবোৰৰ
সিপ্ৰান্তত আহল-বহল পুখুৰী। বেচ ডাঙৰ আকাৰৰ পুখুৰী; কিন্তু পানী নাই। চিজন পুখুৰী। বাৰিষা হয়তো যথেষ্ট পানী থাকে । খৰালি শুকাই যায় ৷ পুখুৰীটোৰ উত্তৰ-পূৱ কোণত চেমনীয়া ল'ৰা কিছুমানে ক্ৰিকেট খেলি
আছিল ৷ কৰিবলৈ একো নাই কাৰণে তছলিমে হাওলি পৰা গছ এডালৰ ওপৰত বহি ক্রিকেট খেল
উপভোগ কৰিবলৈ ধৰিলে।
আধা ঘণ্টামান খেল উপভোগ কৰাৰ পাছত উপেনে আহি সেইখিনি
পালেহি। সি আহিয়ে কোনো ধৰণৰ ভূমিকা নকৰাকৈ ক'লে- বড়বাবুই আপোনাক বিচাৰি আছে, ছাৰ।
উপেনৰ মাতত চক্ খাই উঠি তছলিমে ক’লে- হয় নেকি? কাম নাই কাৰণে ল'ৰাবোৰৰ খেল উপভোগ কৰি আছিলো।
বড়বাবু কেতিয়া আহিল? হ’ল
কিছু সময়। উপেনে ক'লে- মই আপোনাৰ কথা কোৱাত তেওঁ মোক আপোনাক
মাতি নিবলৈ পঠিয়াই দিলে।
ব’লক। এইদৰে কৈ তছলিম বহাৰপৰা উঠি উপেনৰ পিছে পিছে খোজ ল'লে।
উপেনে তাক বৰবাবু প্রকাশ কলিতাৰ লগত চিনাকি কৰি
দিলে। ইতিমধ্যে অফিচৰ আন আন কৰ্মচাৰীও আহি পাইছিল। প্রকাশ কলিতাই সিহঁতৰ লগতো এজন
এজনকৈ চিনাকি কৰি দিলে।
আটাইৰে লগত পৰিচয় হোৱাৰ পাছত তছলিম নিন্মবর্গ
সহায়ক ধীৰাজ বায়নৰ সন্মুখত থকা চকী এখনত বহিল পৰিল। কাৰণ ৰাতিপুৱা মামুদ চাহাবে
ধীৰাজ বায়নৰ ওচৰত ওয়েভিং চেণ্টাৰৰ ফাইল থকাৰ কথা কৈছিল। কিন্তু সি পোনপটীয়াভাবে
কথাটো নকৈ ভূমিকাৰে আৰম্ভ কৰিলে- ছাৰে ৰাতিপুৱা সম্ভৱতঃ আপোনাৰ কথাই কৈছিল ?
মোৰ কথা! ধীৰাজ বায়ন সজাগ হৈ উঠিল। ক'লে- মোৰ কথা কৈছিল,
মানে? কি কথা কৈছিল?
তছলিমে মামুদ চাহাবৰ লগত ৰাতিপুৱা ওয়েভিং
ছেণ্টাৰৰ বিষয়ে হোৱা আলোচনাৰ বিষয়ে বিৱৰি কৈ ক'লে- মোক প্ৰতিবেদন দিবলৈ দায়িত্ব
দিছে। ফাইলটো আপোনাৰ ওচৰত আছে বুলি কৈছে ছাৰে ।
আপুনি কেতিয়া যাব? ধীৰাজ বায়নে ক'লে- ফাইলটো ক'ত বা আছে! বিচাৰিব লাগিব। বহুদিনৰ পুৰণি ফাইল!
আজিয়ে যোৱাৰ কথা ভাবিছো। তছলিমে ক’লে- সম্ভৱ হ'লে আবেলিমানলৈ যাম।
যাব কেনেকৈ?
বিডিও ছাৰে অফিচৰ গাড়ী লৈ যোৱাৰ কথা কৈছে।
মই ফাইলটো উলিয়াই দিম বাৰু। ধীৰাজ বায়নে ক'লে- আপুনি চাহ-পানী খাই
আহকগৈ।
‘ভাল বাৰু’ বুলি শলাগি তছলিম
ওচৰতে থকা চাহ দোকানখনলৈ আহিল। চাহ দোকানৰ বাৰাণ্ডাৰ এটা কোণত তৰণি এজনে কিবা লিখি
আছিল ৷ তাক ঘেৰি থিয় দি আছিল চাৰি পাঁচজন মানুহ। তৰণিৰ কাষত এখন বেঞ্চ পাৰি থোৱা আছিল। তাত তিনি চাৰিজনী তিৰোতা মানুহ বহি আছিল । সিহঁতৰ বিপৰীত দিশত থকা বেঞ্চ এখনত বাইছ
তেইছ বছৰীয়া ডেকা এজন বহি আছিল। তছলিম ডেকাজন বহি থকা বেঞ্চৰ এটা চাইডত বহি চাহৰ
অৰ্ডাৰ দিলে। চাহ আহিল । সি চাহৰ কাপত সোহা মাৰিছিলহে মাথোন এনেতে তৰণীজনে মাতিলে- গুচৰীয়া
কোন? আহক৷
তৰণিৰ আহ্বানত তছলিমৰ কাষত বহি থকা ডেকাজন বহাৰ
পৰা উঠি তৰণিৰ ওচৰলৈ গ'ল। তৰণিজনে ফৰ্ম এখনৰ বিশেষ ঠাইত আঙুলিয়াই চহী কৰিবলৈ ক'লে। ডেকাজনে কম্পিত হাতেৰে চহী কৰিলে ৷ চহী কৰি ডেকাজন তৰণিৰ কাষতে থিয়
দি থাকিল।
তৰণিজনে পুনৰ বিবাদীক মাতিলে- প্রতিপক্ষ কোন? আহক।
তৰণিৰ কাষৰ বেঞ্চখনত বহি থকা ওঠৰ উনৈছ বছৰীয়া
ছোৱালী এজনী বহাৰপৰা উঠি তৰণিৰ কাষলৈ গ'ল। তাইৰ কাষতে বহি থকা বয়সিয়াল তিৰোতা এজনীও বহাৰ
পৰা উঠি তাইৰ কাষলৈ গৈ থিয় হল।
ছোৱালীজনীৰ চকু-মুখত বিষাদৰ ছাপ । চকুযুৰি উখহি আছে। হয়তো কন্দা-কটা কৰাৰ
ফলতে তেনেকৈ উখহি উঠিছে। তৰণিজনে আগৰ দৰে ফৰ্ম এখনৰ বিশেষ ঠাইত আঙুলিয়াই চহী
কৰিবলৈ ক'লে। ছোৱালীজনীয়ে ফৰ্মত
চহী কৰাৰ আগতে অলপ আগতে চহী কৰি যোৱা ডেকাজনৰ ফালে চালে ৷ চাৰি চকুৰ মিলন হ'ল। লগে লগে ছোৱালীজনী গুৰিকটা গছৰ দৰে তাইৰ কাষতে থিয় দি থকা তিৰোতাজনীৰ
গাত ঢলি পৰিল ।
আকস্মিক ঘটনাত হুৱা-দুৱা লাগি গ'ল। ঘটনাৰ গম গতিৰ বুজ ল'বলৈ চাৰিওফালৰ পৰা মানুহ আহি জুম বান্ধিবলৈ ধৰিলে। আটাইৰে মুখত এটাই মাথোন
প্রশ্ন- কি হ'ল? ছোৱালীজনী এনেকৈ
মূৰ্চ্ছা যোৱাৰ কাৰণ কি? কিবা অসুখ-বিসুখ, নে বেলেগ কিবা ঘটনা আছে?
ভিৰ ঠেলি তছলিম ছোৱালীজনীৰ কাষ পালেহি। ছোৱালীজনী
মূৰ্চ্ছা গৈছে। পৰি যোৱাৰ সময়ত মেজৰ কানত লাগি তাইৰ মূৰটো অকনমান কাটিছে। আটায়ে
উৰহী গছৰ ওৰ উলিয়াবলৈ ব্যস্ত । পৰিচয়াৰ কাৰণে কাকো আগবাঢ়ি অহা দেখা নগ'ল ৷ তছলিমে বিৰক্তি ভৰা
সুৰত জুমটোক উদ্দেশ্য কৰি ক'লে- ঘটনাৰ ওৰ আপোনালোকে পাছতো
উলিয়াব পাৰিব দিয়কচোন৷ আগতে ছোৱালীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰক। চাওঁকচোন,
ছোৱালীজনীৰ মূৰৰ পৰা কেনেকৈ তেজ বৈ আছে! এওঁৰ আত্মীয়-স্বজন কোনোবা
আছে যদি ধৰি-মেলি হাস্পতাললৈ লৈ ব’লক।
তছলিমৰ কথাই কাম দিলে। বহুতে তছলিমক সমৰ্থন
কৰিলে। দুই এজনে অৱশ্যে বিৰূপ মন্তব্য নকৰাকৈয়ো নাথাকিল । তছলিমে মন্তব্যবোৰ শুনিলে যদিও সেইফালে
কর্ণপাত নকৰিলে। কাৰণ সি জানে, মূৰ্খৰ লগত তৰ্ক কৰি লাভ নহয়, বৰং
ক্ষতিয়ে হয়।
মানুহৰ জুমৰ মাজৰপৰা গৈ ল'ৰা এজনে ৰিক্সা এখন মাতি
আনিলে। ৰিক্সাত তুলি ছোৱালীজনীক হাস্পতাললৈ লৈ যোৱা হ'ল। এই
ক্ষেত্ৰত তছলিমেই আগভাগ ল’লে। বিবাদী ডেকাজনো আহিল তাৰ লগত।
বেডত তোলাৰ পাছত চিকিৎসা আৰম্ভ কৰিলে। মূৰত চিলাই কৰি বেণ্ডেজ বন্ধ হ'ল। ছোৱালীজনীৰ অৱস্থা লাহে লাহে ভালৰ ফালে আহিল।
ছোৱালীজনী সুস্থ হৈ উঠাৰ পাছত তছলিমে গুচৰীয়া
ডেকাজনক লৈ চাহ দোকানলৈ আহিল। তছলিমে পোনপটীয়াভাবে ডেকাজনৰ লগত কথা পতাৰ পৰিৱৰ্তে
প্ৰথমে চাহৰ অৰ্ডাৰ দিলে ৷ চাহ-পানী খোৱাৰ পাছত সিহঁত নির্জন ঠাই এডোখৰলৈ আহিল ৷
তছলিম হাওলিপৰা গছ এডালৰ ওপৰত বহি ডেকাজনকো বহিবলৈ ক'লে- বহকচোন । আপোনাৰ লগত মোৰ কথা আছে।
ডেকাজনে তছলিমৰ কাষত বহি ক'লে- আপুনি এজন অচিনাকি
মানুহ হৈ আমাৰ কাৰণে যি কৰিলে সেয়া মই জীৱনতো পাহৰিব নোৱাৰিম।
তছলিমে ডেকাজনৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি ক'লে- আপুনি কোৱা ধৰণে মই
তেনেকুৱা কোনো প্রশংসাযোগ্য কাম কৰা নাই। এজন সচেতন মানুহে আন এজন বিপদগ্রস্থ
মানুহৰ কাৰণে কৰিব লগা কামেই মই কৰিছো। এতিয়া কওঁকচোন, এই
ছোৱালীজনীৰ লগত আপোনাৰ সম্পৰ্ক কি?
আপুনি চাগে ইতিমধ্যে কথাটো অনুমান কৰিব পাৰিছেই।
ডেকাজনে ক'লে- তথাপি শুনিব খুজিছে যেতিয়া শুনক। আৰিফা মোৰ পত্নী।
ঃ আৰিফা, মানে..এই ছোৱালীজনীৰ নাম আৰিফা নেকি? আপুনি তাইক তালাক দিবলৈ ওলাইছিল কিয় ?
ঃ সেইবোৰ বহু কথা! গুৰিৰ পৰা ক’লেহে আপুনি কথাটো বুজিব
পাৰিব।
ঃ কওঁকচোন কি কথা ?
ডেকাজনে তাৰ কাহিনী আৰম্ভ কৰিলে। ডেকাজনৰ কাহিনীৰ
সাৰমৰ্ম আছিল এনেকুৱা-
ডেকাজনৰ নাম আব্দুৰ ৰছিদ । মন্দিয়াৰ পৰা চাৰি কিলোমিটাৰ আঁতৰৰ
চাচৰা নামৰ এখন গাঁৱত তাৰ ঘৰ। গাঁৱখনৰ অধিক সংখ্যক লোকেই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ।
গাঁৱৰ আনবোৰ মানুহৰ তুলনাত ৰছিদহঁতৰ অৱস্থা কিছু স্বচ্ছল। আৰিফাহঁতৰ ঘৰো একেখন
গাঁৱত। দুয়ো একেলগে প্ৰাইমাৰীত পঢ়িছিল। আৰিফা ৰছিদতকৈ দুই শ্ৰেণী তলত আছিল।
গাঁওখনত এম, ই স্কুল নাই। সেয়ে প্ৰাইমাৰী পাছ কৰাৰ পাছত বহুতেই লিখা-পঢ়া এৰি জীৱিকাৰ
সন্ধানত নামি পৰিছিল। দুই চাৰিজনে চাৰি পাঁচ কিলোমিটাৰৰ আঁতৰৰ হাইস্কুলখনত ভৰ্তি
হৈছিল যদিও মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ আগতেই লিখা- পঢ়া এৰি দিছিল । কিন্তু ৰছিদ আছিল ব্যতিক্ৰম ৷ প্ৰাইমাৰী
পাছ কৰাৰ পাছত সি চাৰি কিলোমিটাৰ আঁতৰৰ এখন হাইস্কুলত ভৰ্তি হৈছিল। সি চাইকেল লৈ
অহা-যোৱা কৰিছিল আৰু সময়ত মেট্ৰিক পৰীক্ষাতো উত্তীৰ্ণ হৈছিল।
মাটি-বাৰী নাথাকিলেও আৰিফাহঁতৰ অৱস্থাও মোটা-মুটি
স্বচ্ছল। দেউতাকে গুৱাহাটীত কণীৰ ব্যৱসায় কৰে। নিজে বিশেষ শিক্ষিত নহ'লেও চহৰত থকা কাৰণে সি
শিক্ষাৰ মূল্য বুজে। আৰিফা আছিল ঘৰখনৰ একমাত্ৰ সন্তান। সেয়ে প্ৰাইমাৰী পাছ কৰাৰ
পাছত দেউতাকে তাইক ৰছিদে অধ্যয়ন কৰা হাইস্কুলখনতে ভৰ্তি কৰি দিছিল। তায়ো চাইকেল
লৈ অহা-যোৱা কৰিছিল ।
ৰছিদে আৰিফাহঁতৰ ঘৰৰ আগেদিয়ে অহা-যোৱা কৰিছিল।
সেয়ে দুয়ো বহু সময়ত একেলগে স্কুললৈ গৈছিল। প্ৰথমাৱস্থাত দুয়োৰে মাজত বিশেষ
কথা-বতৰা হোৱা নাছিল। একেটা বাটৰ যাত্ৰীৰ মাজত ভাষিক বা ধৰ্মীয় প্রভেদ থাকিলেও
কিছু সময় পাছত কথা-বতৰা পতাৰ পাছত ইজনৰ লগত সিজনৰ সৌহৃদ্যৰ ভাৱ গঢ়ি উঠাৰ দৰে
ৰছিদ আৰু আৰিফাৰ মাজতো সৌহৃদ্যৰ ভাৱ গঢ়ি উঠিছিল। প্ৰথমাৱস্থাত সিহঁতৰ মাজত
লিখা-পঢ়াৰ কথা আলোচনা হৈছিল। লাহে উভয়ৰ ঘৰৰ বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা হ'বলৈ ধৰে। ৰছিদে আৰিফাহঁতৰ
ঘৰৰ আগেদি স্কুললৈ অহা-যোৱা কৰিছিল। এটা সময়ত আৰিফাই কাপোৰ-কানি পিন্ধি ৰছিদৰ
কাৰণে ৰৈ থকা হ'ল। কাৰোবাৰ স্কুল আগতে ছুটী হ'লে এজনৰ কাৰণে আনজন অপেক্ষা কৰি থকা হ'ল। এইদৰে
পৰস্পৰে পৰস্পৰৰ ভাল বন্ধু হৈ পৰিল আৰু বয়স বঢ়াৰ লগে লগে পৰস্পৰে পৰস্পৰ অধিক
কাষ চাপি আহিল। এজনে আনজনক এৰি থাকিব নোৱাৰা হ'ল।
ৰছিদৰ এবাৰ জ্বৰ হৈছিল। ফলত সি চাৰি পাঁচ দিন
স্কুলত যাব পৰা নাছিল। ৰছিদৰ কাৰণে অপেক্ষা কৰি কৰি প্ৰথম দিনা আৰিফাৰ স্কুললৈ
যোৱাই নহ'ল। মাকে স্কুললৈ নোযোৱাৰ
কাৰণ সোধাত তাই ক'লে- মূৰটো কিবা গধুৰ গধুৰ লাগি আছে। জ্বৰেই
উঠে নেকি! গতিকে আজি স্কুললৈ নাযাও।
মনে সজা কথা বিশ্বাস কৰি মাকে একো নক'লে। পাছদিনাও ৰছিদ নাহিল।
মাকক কৈফিয়ৎ দিয়াৰ ভয়ত সিদিনা তাই অকলেই স্কুললৈ গ'ল।
এইদৰে তাই তিনিদিন অকলেই স্কুললৈ গ'ল।
চতুর্থ দিনা ৰছিদ জ্বৰ ভাল হোৱাত সি স্কুললৈ বুলি
ওলাই আহি আৰিফাহঁতৰ ঘৰৰ সন্মুখত ৰৈ থাকিল। খন্তেক পাছতে আৰিফাও স্কুললৈ বুলি ওলাই
আহিল । কিন্তু ৰছিদক দেখি কিবা যেন এৰি আহিছে এনেকুৱা অভিনয় কৰি তাই ঘৰৰ
ভিতৰলৈ সোমাই গ'ল। ৰছিদে বহু সময় তাইৰ কাৰণে অপেক্ষা কৰি থাকিল । কিন্তু বহু সময় পাছতো তাই নহাত সি অকলেই
স্কুললৈ গ'ল।
আৰিফাই আবুৰৰ ফাঁকেৰে ৰছিদ গতি-বিধি লক্ষ্য কৰি
আছিল । সি গুচি অহাৰ আধা ঘণ্টা পাছত তাই স্কুললৈ বুলি ওলাই আহিল। এটা
পেৰিয়ড পাৰ হৈ যোৱাৰ পাছত তাই স্কুল পালেহি। কথাটো ৰছিদে শ্ৰেণী কোঠাতৈ বহিয়ে
লক্ষ্য কৰিলে।
সিদিনা আৰিফাহঁতৰ আগতীয়াকৈ স্কুল ছুটী হ'ল। ৰছিদে কথাটো লক্ষ্য কৰি
শ্ৰেণীকোঠাত বহি উচ্পিচাবলৈ ধৰিলে। বাঘে বতাহত বিপদৰ গোন্ধ পোৱাৰ দৰে ৰছিদে
উপলব্ধি কৰিব পাৰিলে যে, আজি তাৰ কাৰণে আৰিফা ৰৈ নাথাকে।
চাৰি পাঁচ দিন অদৰ্শন যে ইমান ব্যথাৰ কাৰণ হ'ব পাৰে সিদিনাহে
ৰছিদে প্রথম উপলব্ধি কৰিলে। আৰিফাৰ কাৰণে তাৰ মনটো উকা উকা লাগিবলৈ ধৰিলে। অলপ
পাছতে তাৰ স্কুল ছুটী হ'ল। স্কুল ছুটী হোৱাৰ লগে লগে সি
দ্রুত বেগে চাইকেল চলাই আহি আৰিফাক লগ ধৰিলে।
আৰিফাৰ কাষলৈ আহি সি অভিযোগৰ সুৰত ক'লে- তই আজি মোক কিয় এনেকৈ
এৰি থৈ আহিলি ? স্কুললৈ অহাৰ সময়ত তোৰ কাৰণে ৰখি ৰখি মোৰ
স্কুললৈ অহাত পলম হৈ গৈছিল। মোক এইদৰে এৰাই চলাৰ কাৰণ কি?
ৰছিদে কৈ গ'ল আৰু আৰিফাই নিৰ্বিকাৰভাবে তাৰ কথাবোৰ শুনি গ'ল। তাই কোনো প্রতিবাদ অথবা অভিযোগ নকৰিলে ।
কিনো হ'ল আজি তোৰ? ৰছিদে পুনৰ সুধিলে-
ঘৰত কিবা কাজিয়া-পেচাল হৈছে নেকি?
এইবাৰো আৰিফা নিৰুত্তৰ৷ প্ৰশ্ন সুধি তাৰ উত্তৰ
পোৱা নগ'লে, সচৰাচৰ
আটায়েৰে কম-বেছি পৰিমাণে খং উঠে। ৰছিদৰো সেয়াই হ'ল। সি
এইবাৰ খঙেৰে সৈতে সুধিলে- বাৰু, তই যদি নমতাকৈ থাকিব পাৰ,
ময়ো পাৰিম। আজিৰপৰা তোৰ লগত কথা নাপাতো আৰু একেলগে স্কুললৈও নাহো।
এইদৰে কৈ ৰছিদে চাইকেলত উঠি জোৰে জোৰে পেডেল
মাৰিবলৈ ধৰিলে। তেতিয়া আৰিফাই পিচফালৰ পৰা পৰোক্ষভাবে ক’লে- খং উঠিলেই হ'ল ! আজিলৈ চাৰি দিন কোনো খা-খবৰ নাই। আজি আহিয়ে খং কৰিবলৈ লাগি গ'ল । শাকেৰে মাছ ঢকাৰ চেষ্টা! এই চাৰিদিন মোক কোনো ধৰণৰ খবৰ নিদিয়াকৈ যে
ক'ৰবালৈ গৈছিল, মোৰ জানো খং উঠিব নোৱাৰে !
ৰছিদে আৰিফাৰ অভিমানৰ কাৰণ বুজিব পাৰিলে। ফলত তাৰ
খং অভিমান কৰ্পূৰৰ দৰে উৰি গ'ল। কিন্তু সি কথাটো আৰিফাক বুজিবলৈ নিদিলে। সি আগৰ
দৰেই কৃত্ৰিম খং মিহলি সুৰত ক'লে- মই যে জ্বৰত ভূগি মৰিবলৈ
ওলাইছিলো, তাৰ খবৰ কোনে ল’লে? দোষ মাথোন মোৰ গাতহে পৰিল । পৰৰ দোষ দেখা যায়, কিন্তু নিজৰ দোষ দেখা
নাযায় !
ৰছিদ জ্বৰৰ কথা শুনি আৰিফা বিচলিত হৈ উঠিল। তাই
খৰকৈ চাইকেল চলাই ৰছিদৰ কাষলৈ আহি চাইকেলৰ পৰা নামি আথে-বেথে ক'লে- তোমাৰ জ্বৰ হৈছিল?
মোক খবৰ নিদিলা কিয়?
ৰছিদো চাইকেলৰ পৰা নামিল। ক'লে- খবৰ! কাৰ আগত দি পঠাম?
মইতো বিছনাতে পৰি আছিলো! ৰছিদে এইবাৰ অভিমান কৰি ক'লে-তুমিওতো খবৰ ল'ব পাৰিলাহেঁতেন, কিয় স্কুললৈ যোৱা নাই।
আৰিফাই কৈফিয়তৰ সুৰত ক'লে- তোমাৰ জ্বৰ হোৱা বুলি
জানিলে মই খবৰ লোৱাকৈ থাকিলোহেঁতেন জানো?
এই চাৰিটা দিন যে কেনেকৈ পাৰ হৈছে, মইহে জানো । সেয়া তোমাক মই ভাষাৰে বুজাব নোৱাৰিম।
ৰছিদে ক’লে- তোমাক চোৱাৰ কাৰণে
মনটো একেবাৰে উদ্বাউল হৈ উঠিছিল। সেয়ে ডাক্তৰৰ নিষেধ সত্বেও একমাত্র তোমাক চাবৰ
কাৰণে আজি স্কুললৈ বুলি ওলাই আহিছো।
এতিয়াও জ্বৰ আছে নেকি? আৰিফাই স্থান-কাল-পাত্ৰৰ
কথা পাহৰি ৰছিদ গাত হাত দি ক'লে- আৰে, সঁচাকৈয়েতো
গাটো এতিয়াও গৰম হৈ আছে। গাত জ্বৰলৈ স্কুল লৈ আহিলা কিয়?
আৰিফাই গাত হাত দিয়াত ৰছিদে এক অজান পুলক অনুভৱ
কৰিলে। মনৰ আবেগত সি কৈ উঠিল- এই চাৰি দিনৰ অদৰ্শনতে ইমান অস্থিৰ হৈ উঠিছো, কিন্তু এদিনতো আমি
এৰা-এৰি হ'বই লাগিব, তেতিয়া কি কৰিম !
ময়ো তোমাক এৰি থাকিব নোৱাৰিম। এয়া মই এই কেইদিনতে উপলব্ধি কৰিব পাৰিছো। মই এই কেইদিন স্কুললৈ আহিছো ঠিকেই, কিন্তু লিখা-পঢ়া একো
হোৱা নাই। তোমাৰ কথাকে ভাবি ভাবি সময় পাৰ কৰিছো ।
এইদৰে মান-অভিমানৰ মাজেৰে দুয়ো দুয়োৰে কাষ চাপি
আহিছিল আৰু কোনেও কাকো কোনোদিন এৰি নাযায় বুলি প্ৰতিজ্ঞাৱদ্ধ হৈছিল । আৰিফাই মেট্ৰিক পাছ কৰাৰ আগলৈকে সকলো
ঠিকে-ঠাকেই চলি আছিল।
আৰিফাই মেট্ৰিক পাছ কৰাৰ পাছত দেউতাকে তাইৰ
বিয়াৰ কাৰণে উঠি-পৰি লাগিল। যি দিন-কাল পৰিছে! কেতিয়া কি হয় একো ক'ব নোৱাৰি । কিবা হ'লে মান-সন্মান ৰসাতলে যাব!
ওচৰে-পাঁজৰে কলেজ থাকিলে অৱশ্যে কথা নাছিল। বি এটো পাছ কৰোৱালেহেঁতেন। কিন্তু
ওচৰে-পাঁজৰে কলেজ নাই। হোষ্টেলত থৈ পঢ়ুৱাম লাগিব । ছোৱালীক হোষ্টেলত থৈ পঢ়ুৱাটো দেউতাকে
মানি ল'ব নোৱাৰিলে৷ সেয়ে দেউতাকে
বিয়া দিয়াৰ সিদ্ধান্ত লৈ পাত্ৰৰ সন্ধান কৰিবলৈ ধৰিলে। কথাটো আৰিফাৰ কাণতো পৰিল ৷
তাই কথাটো ৰছিদক জনালে।
ৰছিদ তেতিয়া স্নাতক প্রথম মহলাৰ ছাত্ৰ। সংসাৰ
সম্পৰ্কে অনভিজ্ঞ। কথাটো শুনি তাৰ মূৰত সৰগ ভাগি পৰিল। সি কি কৰে এতিয়া! এহাল
অনভিজ্ঞ ডেকা-গাভৰুৱে যি কৰে সিহঁতেও তাকে কৰিলে। দুয়ো মনে মনে সদৰলৈ গৈ বিয়া
ৰেজিষ্ট্রি বিয়া কৰালে।
সিহঁতে ভাবিছিল কথাটো গোপনে ৰাখিব; কিন্তু গোপনে ৰখা সম্ভৱ
নহ'ল। কেইদিনৰ ভিতৰতে কথাটো ৰাষ্ট্ৰ হৈ পৰিল। ফলত উভয় পক্ষৰ
অভিভাৱক সজাগ হৈ উঠিল ৷ দৰা পক্ষই কইনা পক্ষক আৰু কইনা পক্ষই দৰা পক্ষক দোষাৰোপ
কৰিবলৈ ধৰিলে। গাঁৱলীয়া অঞ্চলৰ কথাতো জানেই। সাধাৰণ কথাতে দল ফৈদ সৃষ্টি হৈ যায়।
সিহঁতৰ ক্ষেত্ৰতো সেয়াই হ'ল। দল সৃষ্টি হোৱাৰ পাছত মৰা-মৰি
হোৱাৰো উপক্ৰম হ'ল। মৰা-মৰি বন্ধ কৰাৰ উদ্দেশ্যে সমজুৱাই
মধ্যস্থতা কৰি ৰেজিষ্ট্ৰেশ্বন বাতিলৰ সমিধান দিলে। সেই সমিধান মতেই আজি
ৰেজিষ্ট্ৰেশ্বন বাতিল কৰিবলৈ আহিছে।
ছয়
ৰছিদ্ৰৰ পৰা বিদায় লৈ তছলিমে অফিচৰ ভিতৰলৈ সোমাই
আহি প্রকাশ কলিতাক লগ ধৰিলে। প্রকাশ কলিতাৰ সন্মুখৰ চকীত মানুহ এজন বহি আছিল। কলিতাই মানুহজনৰ ফালে আঙুলিয়াই ক'লে- এখেত বহু সময় ধৰি
আপোনাৰ কাৰণে অপেক্ষা কৰি আছে। তছলিমক কোনো কথা ক'বলৈ সুযোগ
নিদি প্রকাশ কলিতাই মানুহজনৰ লগত চিনাকি কৰি দিলে- এখেত কমল দাস। কণ্ডাক্টৰ। আমাৰ
কাৰ্যালয়ৰ অধীনৰ দুই চাৰিটা কাম কৰে। ‘দাস বাবু' বুলি ক'লে অঞ্চলৰ আটায়ে চিনি পায়।
তছলিমে নমস্কাৰ জনালে । প্রতি নমস্কাৰ জনাই কমল দাস থিয় হৈ
তছলিমৰ লগত কৰমৰ্দন কৰি ক'লে- আহিয়ে কলিতাৰ পৰা আপোনাৰ বিষয়ে শুনিলো। সেয়ে আপোনাক লগ কৰাৰ কাৰণে
ৰৈ আছো৷
বিডিও মামুদ চাহাবে ৰাতিপুৱা সম্ভৱতঃ এইজন কমল
দাসৰ বিষয়েই কৈছিল। তছলিমে মানুহজনৰ ফালে ভালকৈ লক্ষ্য কৰিলে। চল্লিছ পঞ্চল্লিছ
বছৰীয়া আটিল গঠনৰ এজন মানুহ। নাকৰ তলত ধেনুভেৰীয়া একোঁচা গোঁফ। সাধাৰণ দৃষ্টিৰে
চালে পুলিচৰ মানুহ বুলি বহুতে ভুল কৰিব। মুখত এমোকোৰা হাঁহি। হাঁহিৰ আঁৰত যে
হিংস্ৰ মন এটা আছে উপলব্ধি কৰিবলৈ তছলিমৰ অসুবিধা নহ'ল।
তছলিমে নির্বিকারভাবে ক’লে- আচলতে মই বহু আগতেই
অফিচলৈ আহিছো। চাহ খাবলৈ গৈ বেলেগ এটা কামত জড়িত হৈ পৰিছিলো। প্রকাশ কলিতাই
সুধিলে- বেলেগ কাম মানে! কি কাম?
তছলিমে ৰছিদহঁতৰ ঘটনাটো ক'ব নিবিচাৰিলে। সেয়ে সি ক'লে- নাই নাই, বিশেষ একো নহয় । মানুহ এজনক লগ পাইছিলো। অৱশ্যে মানুহজনক চিনি নাপাও। চাহ দোকানত হঠাৎ লগ পাই গৈছিলোঁ। তাৰ লগত কথা পাতি থাকোঁতে পলম হ'ল। এইদৰে কৈ প্ৰসংগ সলনি
কৰি কমল দাসক উদ্দেশ্য কৰি ক'লে- আপোনাৰ লগত পৰিচয় হৈ ভাল লাগিল৷
কমল দাসে উপেনক মাতি চাহ আনিবলৈ পঠালে। উপেন
কোঠালিৰপৰা ওলাই যোৱাৰ পাছত ক'লে- কলিতা বাবুই ক’লে, আপোনাকে হেনো ওয়েভিং চেণ্টাৰৰ ঘটনাটো তদন্ত কৰিবলৈ দায়িত্ব দিছে।
অনিয়মীয়া বাছ। বৰ দিগদাৰি পাব। আপুনি বিচাৰিলে ময়ে আপোনাক মোৰ গাড়ীৰে লৈ যাব
পাৰোঁ।
তছলিমে ভদ্রভাবেই প্ৰস্তাৱটো প্ৰত্যাখান কৰি ক'লে- ছাৰে প্ৰথম এটা কাম
দিছে। মোৰ কৰ্মজীৱনৰো আজি প্রথম দিন। সেয়ে মই কাৰো সহায় লৈ কামটো কৰিব বিচৰা
নাই। বেয়া নাপাব।
নাই নাই, বেয়া কিয় পাম! কমল দাসে ক’লে-
আপোনাৰ অসুবিধা হ'ব বুলিহে কথাটো কৈছিলো ৷ আপুনি নহ'লে মোৰ বাইকখন লৈ যাওঁকগৈ।
এইবাৰ তছলিমে পোনপটীয়াভাবে প্ৰস্তাৱটো
প্ৰত্যাখান নকৰি ক'লে- চাওঁ কি কৰোঁ। ছাৰে অৱশ্যে তেওঁৰ গাড়ী লৈ যোৱাৰ কথা কৈছে। যদি তেওঁ
আহি নাপায় আপোনাক জনাম বাৰু।
কমল দাসে কিবা ক'ব খুজিছিল। কিন্তু সি কথাটো ক'বলৈ মুখ মোলোঁতেই বিডিও মামুদ চাহাব ব্যস্তভাবে কোঠালিৰ ভিতৰলৈ সোমাই
আহিল। তেওঁ কোনো ধৰণৰ ভূমিকা নকৰাকৈয়ে প্রকাশ কলিতাক উদ্দেশ্য কৰি ক'লে- আপোনালোকে ফাইলবোৰ পৰিপাটিকৈ সজাই লওঁক। আমাৰ অফিচ পৰিদৰ্শনৰ কাৰণে
ডিচি ছাৰ আহি আছে। যিফালেই যাও সেইফালেই বিপদ! দিলেও বিপদ, নিদিলেও
বিপদ। ফাইলত যদি কিবা গণ্ডগোল আছে সেইবোৰ ঠিক কৰি লওঁক। সাংঘাতিক কাঢ়া মানুহ। যমে
এৰি দিলেও ভুল পালে এইগৰাকী ডিচিয়ে এৰি নিদিয়ে। যদি কোনোবাই চাহ দোকানত আড্ডা
মাৰি আছে নিজৰ নিজৰ টেবুল লৈ আহি বহিবলৈ কওঁক । এইদৰে ভোৰভোৰাই কোঠালিৰপৰা ওলাই গ'ল।
ডিচি অহাৰ খবৰটো নিমিষতে প্ৰচাৰ হৈ গ'ল আৰু অফিচৰ সকলো
বিষয়া-কৰ্মচাৰী সজাগ হৈ উঠিল। দুজনমানে পুৰণি মলিয়ন ‘টেবুল
ক্লথ’ সলাই আলমাৰিৰ পৰা নতুন ‘টেবুল
ক্লথ’ উলিয়াই মেজৰ ওপৰত পাৰি ল'লে।
প্রকাশ কলিতাই উপেনৰ হতুৱাই নতুন টেবুল ক্লথ এখন অনাই মেজৰ ওপৰত পাৰি ল’লে। আটায়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। চকীদাৰ এজন অবিন্যস্তভাবে পৰি
থকা চকীবোৰ চিজিল লগাই থ'বলৈ ধৰিলে।
তছলিমৰ কৰিবলৈ একো কাম নাছিল। সেয়ে সি নীৰৱ
দৰ্শকৰ ভূমিকা লৈ কৰ্মচাৰীসকলৰ কৰ্মব্যস্ততা উপভোগ কৰিবলৈ ধৰিলে। কৰ্মচাৰীসকল যেন
একো একোটা যন্ত্ৰ হৈ উঠিল। আটায়ে নিজা নিজা ফাইল উলিয়াই গভীৰভাবে কামত
মনেৱানিৱেশ কৰিলে । অলপ আগতে অফিচ ষ্টাফৰ হাঁহি- তামচা আৰু অফিচলৈ অহা মানুহবিলকৰ
কথা-বতৰাই এক ধৰণৰ কোলাহল মুখৰ পৰিৱেশ সৃষ্টি কৰিছিল। নিমিষতে যেন সকলো শান্ত হৈ
পৰিল । চকীদাৰ এজন আহি অযথা ভিৰ কৰি থকা মানুহবিলাকক খেদি পঠিয়ালে।
কৰ্মচাৰীসকলৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰি তছলিমৰ
হাঁহি উঠি গ'ল । অতি ভক্তি চোৰৰ লক্ষণ । কৰ্মচাৰীসকলৰ হঠাৎ কর্মব্যস্ততা দেখি তেনেকুৱাই উপলব্ধি হ'ল তছলিমৰ। এনেকুৱা
কৰ্মব্যস্ততা যদি সদায় থাকিলেহেঁতেন তেনেহ'লে মাহাত্মা
গান্ধীৰ কল্পিত ৰামৰাজ্যৰ সপোন সঁচাকৈয়ে বাস্তৱায়িত হ'লহেঁতেন।
কর্মব্যস্ততা দেখি দেখি এটা সময়ত তছলিমৰ আমনি
লাগিল। কিন্তু সি অফিচ এৰি যাবলৈও ভৰসা নাপালে ৷ কাৰণ মামুদ চাহাবে কিবা প্ৰয়োজনত
তাক মাতিও পাৰে। সেয়ে সি প্রকাশ কলিতাৰ ওচৰলৈ গৈ সুধিলে- ডিচি ছাৰ আহিব বুলি ইমান
ব্যস্ত হোৱাৰ কাৰণ কি?
প্রকাশ কলিতাই চকু ঘোপা কৰি তছলিমৰ ফালে চালে।
হয়তো সি সেই দৃষ্টিৰে বুজাব খুজিলে, লুইতেহে জানে ব’ঠা কিমানলৈ বয়।
পাছমুহূৰ্ততে সি নিজক চম্ভালি ক’লে- কি কৰিব! কাম বিশেষ নাই।
সেয়ে আড্ডা মাৰোঁতেই আমাৰ সময়বোৰ পাৰ হয়। ডিচি ছাৰ আহিব যেতিয়া অলপ হ'লেও ব্যস্ততা দেখুৱাব লাগিব দিয়কচোন।
তছলিমে ডিচি অহাৰ কাৰণ জানিব বিচাৰিলে- অফিচৰ
বিৰুদ্ধে কিবা অভিযোগ আছে নেকি?
জানো। প্রকাশ কলিতাই অজ্ঞতা প্রকাশ কৰি ক'লে- আদাৰ বেপাৰীৰনো জাহাজৰ
খবৰ কে’লেই লাগে ! কিবা অভিযোগ থাকিলেও মই সেইবোৰ গম নাপাওঁ ।
প্রকাশ কলিতা অফিচৰ বৰবাবু। গতিকে কিবা অভিযোগ
থাকিলে সি নিশ্চয় জানিব । হয়তো সি কথাটো প্ৰকাশ কৰিব নিবিচৰা নাই। সেয়ে তছলিমে পুনৰ কোনো
প্রশ্ন নুসুধিলে। সি তাৰ পৰা আহি মামুদ চাহাবৰ কোঠালিৰ ভিতৰলৈ সোমাই আহিল। তছলিমৰ
ফালে চাই বহিবলৈ ইংগিত কৰি মামুদ চাহাব পুনৰ ফাইলৰ মাজত বুৰ গ'ল। কিছু সময় পাছত
ফাইলৰপৰা মূৰ তুলি পকেটৰ পৰা তামোল এখিলা উলিয়াই মুখত ভৰাই ক'লে- আগবাঢ়িলেও মৰণ আৰু পিছ হোঁহকিলেও মৰণ। এইমাত্ৰ কামত সোমাল যেতিয়া
পাছত সকলো কথা গম পাব। চোৰক ক'ব চুৰি কৰিবলৈ আৰু গৃহস্তক ক’ব সাৱধান হ'বলৈ। এনেকুৱা চাকৰি মানুহে কৰেনে?
কেতিয়াবা ভাব হয়, চাকৰি এৰি খেতি-বাতিতে
লাগোঁগৈ৷
তছলিমে সান্ত্বনা দিবলৈ একো বিচাৰি নাপাই ভেবা
লাগি মামুদ চাহাবৰ ফালে চাই ৰ'ল। মামুদ চাহাবে কিবা ক'বলৈ মুখ
মেলিছিলহে মাথোন এনেতে বাহিৰত টেক্সিৰ শব্দ শুনা গ'ল। তেওঁ
জাঁপ মাৰি বহাৰপৰা উঠি বাহিৰলৈ ওলাই গ'ল। পাছমুহূৰ্ততে কোঠালিৰ ভিতৰলৈ সোমাই আহি
বিৰক্তি মিহলি সুৰত ক'লে- ডিচি নহয়, কালেক্টৰহে আহিল। হয়তো ডিচি অহাৰ
খবৰ পাইয়ে আহিছে।
তছলিমে সাহস সঞ্চয় কৰি সুধিলে- উপায়ুক্ত অহাৰ
কাৰণে ইমান ব্যস্ত হ'ব লগা কি আছে?
আপুনি কথাটো গম পোৱা নাই নেকি? মামুদ চাহাবে ক’লে- ছৰি, আপুনি কেনেকৈ গম পাব। আচলতে আজি মই বেলেঞ্চ
হেৰুৱাই পেলাইছো। আপুনিতো নতুন মানুহ আপুনি গম পাব কেনেকৈ ? ঠিকাদাৰ
এজনে কাম নকৰাকৈয়ে টকা হজম কৰিলে । কাম চাইহে টকা মোকলাই দিয়াৰ নিয়ম।
কিন্তু মানুজন বিধায়কৰ সোঁহাত । সি আহি কাম কৰা বুলি ক'লে, তেতিয়া অবিশ্বাস কৰিলেও
মানুহজনৰ সন্মান যায়। গতিকে একো চোৱা নহ'ল। বৰবাবুও টকা
মোকলাই দিবলৈ পৰামৰ্শ দিলে। ক্ষমতাশালী মানুহ। পানীত বাস কৰি কুমীৰৰ লগত শত্ৰুতা
কৰিব নাপায় বুলি ক'লে। গতিকে পেমেণ্ট কৰাৰ কাৰণে অনুমতি
দিলো। শেষত গম পালো মাটি এচপৰাও পেলোৱা নাই! স্থানীয় ৰাইজে উপায়ুক্তৰ ওচৰত
অভিযোগ দিছে। এতিয়া কওঁকচোন কি কৰো ! বিধায়কৰ নিজা মামুহ। বিধায়কজন আকৌ
মন্ত্ৰীৰ নিজা মানুহ! পেমেণ্ট নকৰিলেও চাকৰি ৰখা টান হ'লহেঁতেন। পেমেণ্ট দিও এতিয়া বিপদ। এইদৰে বৰ্ণনা দি মামুদ চাহাবে পুনৰ এখিলা পাণ মুখত ভৰালে।
তছলিমে উৎকণ্ঠাৰ কাৰণ জানিব পাৰি ক'লে- হাতীৰো পিচলে পাও আৰু
সজ্জনৰো বুৰে নাও। সময়ত সকলো ঠিক হৈ যাব।
ঠিক হৈ যাব ঠিকেই, কিন্তু পিঠিৰ ছাল নাথাকিব। মামুদ চাহাবে বিৰক্তি ভৰা কণ্ঠত এইদৰে কৈ
ক'লে- আপুনি আজি ওয়েভিং
চেণ্টাৰটো চাবলৈ যাব নালাগে। কাইলৈ গ'লেই হ'ব। ডিচি আহিব যেতিয়া আজিৰ দিনটো অফিচতে থাকক।
আকৌ টেক্সিৰ শব্দ! ডিচি আহিল বুলি ভাবি মামুদ
চাহাবে মুখৰ পৰা পাণ উলিয়াই খিড়কিৰে দলিয়াই পেলাব খুজিছিল। কিন্তু খিড়কিও
ৰাস্তাৰ ফালে, ইফালে বেলেগ কিবা কৰিবলৈ হ'লেও সময়ৰ প্ৰয়োজন।
গতিকে চোবোৱা পাণ লংপেণ্টৰ পকেটত ভৰাই বাহিৰলৈ ওলাই গ'ল । মামুদ চাহাবৰ কাণ্ড দেখি তছলিমৰ হাঁহি
উঠি গ'ল। বিপদৰ সময়ত মানুহৰ
বুদ্ধিনাশ হয় বুলি আগতে শুনিছিল যদিও তছলিমে আজি তাৰ বাস্তৱ প্ৰমাণ পালে।
তছলিমো মামুদ চাহাবৰ পিছে পিছে বাহিৰলৈ ওলাই
আহিল। সি লক্ষ্য কৰিলে, গেটৰ সন্মুখত টেক্সি এখন ৰৈ আছে। মামুদ চাহাব ব্যস্তভাবে টেক্সিৰ কাষ
পালেগৈ। টেক্সিৰ পৰা যুৱক এজন নামি আহিল। যুৱকজনে মামুদ চাহাবক দেখি ক’লে- ডিচি ছাৰ, আপোনাৰ ইয়াত অহাৰ কথা আছিল। কিন্তু হঠাৎ দিছপুৰলৈ যাব লগা হোৱাত আজি নাহে। পাছত কেতিয়াবা আহিব বুলি
জনাইছে। মই সদৰতে আছিলো। ভাবিলো খবৰটো আপোনাক দি যাওঁ।
খুব ভাল কৰিছে। মামুদ চাহাবে ক’লে- ডিচি অহাৰ কথা শুনি
আটায়ে উৎকণ্ঠাৰ মাজত আছিল।
তছলিমে ক’লে- মই ওয়েভিং চেণ্টাৰটো চাবলৈ যাম নেকি, ছাৰ।
আজি আৰু যাব নালাগে। কাইলৈ গ'লেই হ'ব।
আপুনি কৈছে যেতিয়া কাইলৈয়ে যাম বাৰু।
মামুদ চাহাব গহীন খোজত অফিচৰ ভিতৰলৈ সোমাই আহি
তামোল এখিলা মুখত ভৰাই তৃপ্তিৰে চোবাবলৈ ধৰিলে। ডিচি নহাৰ খবৰটো বনজুইৰ দৰে অফিচত
বিয়পি পৰিল৷ পুনৰ আগৰ দৰে অফিচটো কোলাহল মুখৰ হৈ উঠিল ৷
(সাত)
প্রকাশ কলিতাৰ লগত দেখা কৰি তছলিম বজাৰলৈ আহি
হোটেল এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কোৱাৰ্টাৰলৈ আহিল। আদহীয়া তিৰোতা এজনীক সি
বাৰাণ্ডাত মূঢ়া পাৰি বহি থকা দেখিলে। তছলিমক দেখি তিৰোতাজনী বহাৰ পৰা উঠি থিয় হ'ল। তিৰোতাজনীক তেনেকৈ বহি
থকা দেখি তছলিমে প্রশ্নবোধক দৃষ্টিৰে তাইৰ ফালে চাই ক'লে-
আপুনি....মানে.....
তিৰোতাজনীয়ে নিজৰ পৰিচয় দিলে- আমাৰ ঘৰ ইয়াৰ
পৰা আধা কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত। আগতে যিজন চাহাব এইটো কোৱাৰ্টাৰত আছিল মই
তেওঁৰ ৰান্ধনি আছিলো ৷ ছাৰজন খুবেই ভাল মানুহ আছিল। কিন্তু কণা বিধাতাই সেই ভাল
মানুহজনক লৈ গ'ল। আজি ববিতাহঁতৰ তালৈ গৈছিলো। তাতেই আপোনাৰ কথা গম পালো। ভাবিলো, আপোনৰ ইয়াত যদি ৰন্ধা-বঢ়াৰ কাম
পাই যাওঁ, সেয়ে খবৰ কৰিবলৈ আহিলো।
মোৰ ৰান্ধনীৰ প্ৰয়োজন আছে বুলি আপুনি ক'ৰপৰা গম পালে? অবান্তৰ বুলি জানিও তছলিমে প্রশ্নটো সুধিলে।
তিৰোতাজনী যেন প্ৰশ্নটোৰ কাৰণে সাজু হৈ আছিল। তাই
ক'লে- ববিতাৰ পৰা জানিব
পাৰিছো।
ববিতা! কোন ববিতা? তছলিমে ক'লে-
মই কালি ইয়ালৈ আহিছো। মই কোনো ববিতাক নাজানো !
আপুনি ৰাতিপুৱা লগ পোৱা তিৰোতাজনীৰ নামেই ববিতা।
তিৰোতাজনীয়ে ক'লে- তাই মোৰ বাইদেউৰ ছোৱালী। তাইৰ মাক মোৰ মাহীৰ ছোৱালী। তায়ে আপোনাৰ
ৰান্ধনীৰ প্ৰয়োজন আছে বুলি ক'লে ।
ইমান দূৰৰপৰা আহি ৰন্ধা-বঢ়া কৰিবলৈ আপোনাৰ
অসুবিধা নহ'ব জানো ? তছলিমে ঠাট্টাৰ সুৰত ক'লে-ইয়াত হেনো ভূত আছে ! আপোনাৰ জানো ভূতৰ ভয় নাই?
ভূতৰ ভয় ! ভয় আকৌ কিহৰ? তিৰোতাজনীয়ে ক’লে- মই ভূত-প্রেত বিশ্বাস নকৰোঁ। ইয়াত আপুনি ক'ত ভূত দেখা পালে ?
তছলিমে কথাটো স্পষ্ট কৰিবলৈ ক'লে- আটায়ে দেখোন ইয়াত
ভূত থকা বুলি ভাবে।
তিৰোতাজনীৰ চকু-মুখত এক ধৰণৰ ঘৃণাৰ অভিব্যক্তি
ফুটি উঠিল। পাছমুহূৰ্ততে বিষাদৰ এজাক ক'লা ডাৱৰে তাইৰ মুখমণ্ডল ছানি ধৰিলে। তাই দীঘলকৈ
হুমুনিয়াহ কাঢ়ি ক'লে- সেইবোৰ মানুহৰ মনেগঢ়া কথা। শাকেৰে
মাছ ঢকাৰ বৃথা চেষ্টা। সেইবোৰ মই বিশ্বাস নকৰোঁ ।
তিৰোতাজনীৰ কথাত তছলিমে ৰহস্যৰ গোন্ধ পালে।
তছলিমৰ ধাৰণা হ'ল, তিৰোতাজনীয়ে হয়তো মিৰণৰ মৃত্যুৰ আচল ৰহস্য জানে
। কাৰণ তাই তেওঁৰ ৰান্ধনি হিচাপে দীর্ঘদিন কাম কৰিছে! সেয়ে সি উৰহীৰ
ওৰ উলিয়াবলৈ ক'লে- আটায়ে বিশ্বাস কৰে! আপুনি বিশ্বাস নকৰাৰ কাৰণ কি?
তিৰোতাজনীয়ে ভয়-বিহ্বলভাবে কেউফালে দৃষ্টি
বুলাই ক'লে- চাহাবক ভূতে মৰা
নাছিল! তেওঁ মানুহৰ ষড়যন্ত্ৰৰ চিকাৰ হৈছিল। মানুহে যাতে আত্মহত্যা কৰা বুলি ভাবে
তেনেকৈ ষড়যন্ত্ৰ ৰচা হৈছিল।
তছলিমৰ শিৰা-উপশিৰা স্ফীত হৈ উঠিল। তাৰ বুকু ভেদ
কৰি হুমুনিয়াহ ওলাই আহিল। শৈশৱৰ বহু স্মৃতি তাৰ মানস পটত জিলিকি উঠিল। সজল হৈ
উঠিল তাৰ চকুযুৰি। সি পকেটৰ পৰা ৰুমাল উলিয়াই চকুপানী মচি ক’লে-ময়ো আপোনাৰ লগত একমত । আচলতে আগৰ চাহাবৰ মৃত্যুৰ সৈতে এক গভীৰ
ষড়যন্ত্ৰ লুকাই আছে। ময়ো কথাটো অনুমান কৰিছো ৷ গতিকে আপুনি এইবোৰ কথা কাৰো আগত
প্ৰকাশ নকৰিব। কাৰণ বেৰৰো কাণ আছে। দুর্বৃত্তহঁতে এইবোৰ কথা জানিলে আপোনাৰ অনিষ্ট
কৰিবলৈ উঠি-পৰি লাগিব।
তিৰোতাজনীয়ে তছলিমৰ কথাত ভয় পাই ক'লে- চাহাব বৰ ভাল মানুহ
আছিল। মই তিনি বছৰ চাহাবৰ ভাত ৰান্ধিছোঁ। চাহাবৰ বহু কথাই মই জানো। সি আত্মহত্যা
কৰা মানুহ নাছিল। কিন্তু হঠাৎ কিয় আত্মহত্যা কৰিব লগা হ'ল,
আজিলৈকে মই কোনো কাৰণ বিচাৰি পোৱা নাই। ইমান দিনে কথাবোৰ মই বুকুৰ মাজত লুকোৱাই ৰাখিছিলো। আজি মনৰ আবেগত হঠাৎ কৈ
পেলাইছো। আপুনি এইবোৰ কথা কাকো নকব ।
নকওঁ। তছলিমে আশ্বাস দিলে- এইবোৰ কথা ক'লে মোৰ কি লাভ হ’ব! মই ইয়ালৈ নতুনকৈ আহিছো। গতিকে মই বাটৰ কচু গাত ঘঁহি ল'ব খোজা নাই৷
তছলিমে আৰু কিবা ক'ব খুজিছিল। তিৰোতাজনীয়ে কায়দা
কৰি মুখত আঙুলি স্পৰ্শ কৰিলে। তছলিমে তিৰোতাজনীৰ ইংগিত বুজিব পাৰি সি কথাৰ প্ৰসংগ সলনি
কৰি ক'লে- ঠিক আছে। আপুনি কাইলৈ আহক। ৰান্ধনী এজনী মোৰ
লাগিব। মই উপেনৰ লগত আলোচনা কৰি ৰখা-নৰখাৰ কথাটো কাইলৈ আপোনাক জনামহি।
তিৰোতাজনী গেট খুলি ওলাই গ'ল। গেটৰ মুখতে উপেনৰ লগত
তাইৰ ভেটা-ভেটি হ'ল। উপেনে তাইক সুধিলে- পেহী দেখোন! বহুদিনৰ
মূৰত লগ পালো ৷ ঘৰৰ আটায়েৰে ভাল নে? ফৰিদাই আজি কালি কি কৰি
আছে?
কিনো আৰু কৰিব! তিৰোতাজনীয়ে ক'লে- টিউচনী কৰি আছে।
বিয়া-বাৰু নিদিয়ে নেকি? উপেনে আত্মীয়তাৰ সুৰত
সুধিলে।
ছোৱালী যেতিয়া দিবতো লাগিবই। তিৰোতাজনীয়ে ক’লে-দৰাৰ সন্ধান পালে
জনাবাচোন।
নিশ্চয় জনাম। উপেনে আশ্বাস দিলে।
এতিয়া যাওঁ। তিৰোতাজনীয়ে ক'লে- বজাৰো কৰিব লগা আছে।
একেবাৰে বজাৰ-সমাৰ কৰি যাম বুলি ভাবিছো ।
তিৰোতাজনী গুচি যোৱাৰ পাছত উপেন আহি বাৰাণ্ডাত
উঠিল। সি তিৰোতাজনীৰ ফালে ঘূৰি চাই পুনৰ তছলিমৰ ফালে চাই ক'লে- কাইলৈ কি জনোৱাৰ কথা ক'লে, ছাৰ?
তিৰোতাজনী ৰান্ধনী থাকিব খোজে। তছলিমে ক'লে- মই তিৰোতাজনীৰ বিষয়ে
একো নাজানো। সেয়ে আপোনাৰ লগত আলোচনা কৰি জনাম বুলি কৈ পঠালো।
ভাল তিৰোতা, ছাৰ৷ আগৰজন চাহাবৰো ৰান্ধনী আছিল। কাম-কাজতো ভাল৷ এইদৰে কোৱাৰ পাছত উপেনে
তিৰোতাজনীৰ মোটা-মুটি পৰিচয় দিলে-
তিৰোতাজনীক এই অঞ্চলৰ আটায়ে মর্জিনা পেহী বুলি
জানে। মর্জিনা পেহী তিনিটা সন্তানৰ মাতৃ । তিনিওজনী ছোৱালী। ডাঙৰজনী ছোৱালীৰ বিয়া
হৈ গৈছে সাত বছৰমান আগত ৷ মাজু আৰু সৰুজনী ছোৱালীৰ এতিয়ালৈকে বিয়া হোৱা নাই।
দুয়োজনী ছোৱালী বি, এ পাছ। মাজুজনী ছোৱালীৰ কেতিয়াবাই বিয়াৰ বয়স পাৰ হৈ গৈছে। দুয়োজনীয়ে
টিউচনী কৰে।
আগতে ঘৰৰ অৱস্থা মোট-মুটি ভালেই আছিল। গিৰিয়েক
ছফৰ আলি ৰাজমিস্ত্ৰী আছিল। সি গুৱাহাটীত ৰাজমিস্ত্ৰী কাম কৰিছিল। এবাৰ তিনি
মহলীয়া অট্টালিকা এটাৰ দেৱাল প্লাষ্টাৰ কৰি থাকোঁতে দুৰ্ভাগ্যবশতঃ ওপৰৰপৰা সৰি
পৰিছিল। সি প্রাণে নমৰিল যদিও সেই দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছে। বৰ্তমান সি
পংগু হৈ বিছনাত পৰি আছে। নিজে চলা-ফুৰা কৰিব নোৱাৰে। এক অভিশপ্ত জীৱন যাপন কৰি
আছে। মাটি সম্পত্তিও বৰ বেছি নাছিল । যি দুই চাৰি বিঘা আছিল যদিও সেয়াও নিজৰ চিকিৎসা আৰু ডাঙৰজনী ছোৱালীৰ
বিয়াত বিক্ৰী কৰিব লগা হৈছে। এতিয়া মর্জিনা পেহী আৰু মাজুজনী ছোৱালী ববিতাই
ঘৰখনৰ উপাৰ্জনক্ষম সদস্য। ববিতাই টিউচনী কৰে আৰু মর্জিনা পেহীয়ে লোকৰ ঘৰত কাম
কৰে। সৰুজনী ছোৱালীয়ে এম, এ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। মিৰণ চাহাবে মর্জিনা পেহীহঁতক বহু
সহায় কৰিছিল।
মর্জিনা পেহীৰ কাহিনী শুনাৰ পাছত তছলিমৰ মন পাঁচ
বছৰ আগলৈ উৰা মাৰিলে। ককায়েক মিৰণৰ মৃত্যুৰ বাতৰিয়ে সিহঁতৰ ঘৰখনত এক শোকাকুল
পৰিৱেশ সৃষ্টি কৰিছিল। তছলিম তেতিয়া অষ্টম মানত অধ্যয়ন কৰি আছিল। মিৰণৰ মৃত্যুৰ
বাতৰিয়ে মাথোন সিহঁতৰ ঘৰখনতে নহয়, সিহঁতৰ সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছিল। ককায়েকৰ
মৃতদেহ নিবলৈ তছলিম দেউতাকৰ লগত মন্দিয়ালৈ আহিছিল আৰু পোষ্টমর্টেম হোৱাৰ পাছত
মৃতদেহটো ঘৰলৈ লৈ গৈছিল।
সুস্থ সবল ডেকা এজনৰ বেডৰোমত মৃত্যু ! পুলিচৰ মনত
স্বভাৱিকতে সন্দেহৰ উদ্ৰেক হৈছিল। গতিকে কাৰো ওপৰত কোনো অভিযোগ আছে নেকি এই বিষয়ে
আৰক্ষীয়ে দেউতাকক সুধিছিল। দেউতাক আছিল সহজ-সৰল মানুহ। তদুপৰি এই অঞ্চলৰ কাকো
তেওঁ তেনেকৈ চিনিও নাপাইছিল। গতিকে কাৰো বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাই বুলি তেওঁ
আৰক্ষীক জনাই দিছিল। বিবাদী নোহোৱাৰ কাৰণে পুলিচেও কেচটোলৈ বিশেষ আগবঢ়া নাছিল।
মৃত্যুৰ অন্তৰালত কিবা ৰহস্য আছে বুলি তছলিমৰ কিন্তু তেতিয়াই সন্দেহ উদ্ৰেক হৈছিল; কিন্তু তাৰ কথাত কোনেও
গুৰুত্ব নিদিব বুলি সি তেতিয়া কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাছিল। কিন্তু
তেতিয়া সি মনে মনে সিদ্ধান্ত লৈ থৈছিল, ককায়েকৰ দৰে সি এজন
অভিযন্তা হ'ব আৰু এইটো অঞ্চললৈ আহি ককায়েকৰ মৃত্যু ৰহস্য
উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিব। দোষীক শাস্তি বিহিব নোৱাৰিলেও কি কাৰণত ককায়েকৰ
মৃত্যু হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিব। এইবাবেই তাৰ এইখন উন্নয়ন খণ্ডলৈ
আগমন। সি পৰিকল্পনা কৰি থৈছে যে, সি এইখন অঞ্চললৈ আহি ককায়েকৰ লগত ঘণিষ্ট ব্যক্তিসকলৰ
এখন তালিকা প্রস্তুত কৰিব আৰু তাৰ পাছত সি ধীৰে-সুস্থিৰে সত্য উদ্ঘাটনৰ কাৰণে
যত্ন কৰিব।
অযাচিতভাবেই ইতিমধ্যে সি চাৰিজন মানুহ লগ পাই
গৈছে। উপেন, ৰিক্সা চালক আমজাদ, ববিতা আৰু মর্জিনা পেহী। এওঁলোক
ককায়েকৰ লগত ওতপ্রোতভাবে জড়িত আছিল । সিহঁতৰ কথা-বতৰাৰ পৰা এই কথা ইতিমধ্যে গম
পোৱা গৈছে। কিন্তু শত্ৰুই যাতে তাৰ উপস্থিতিৰ কথা গম নাপায়, তাৰ বাবে সি অধিক সতৰ্ক
হৈ আগবঢ়াৰ কথা ভাবিছে। কাৰণ সি শত্ৰুক সাৱধান হোৱাৰ সুযোগ দিব বিচৰা নাই।
(আঠ)
পাছদিনা আবেলি পাব্লিক বাছতে তছলিম কনৰালৈ আহিল।
নতুকৈ গঢ় লৈ উঠা জনপদ। আগতে হেনো ইয়াত ৰিজাৰ্ভ আছিল। বাঘ, ম'হৰ
বিচৰণস্থলী আছিল ৰিজাৰ্ভখন। বাঘে গৰু-ম'হ মাৰিছিল। কে’বাজনো মানুহৰ প্ৰাণো লৈছিল হেনো বাঘে। বর্তমান ৰিজাৰ্ভৰ কোনো চিন-মোকাম
নাই । বাঘ-ম'হৰ বিচৰণস্থলী এতিয়া জনপদলৈ ৰূপান্তৰিত হৈছে। ব্ৰহ্মপত্ৰ নদৰ গৰাখহনীয়াত
সৰ্বস্বান্ত পৰিয়ালক ১৯৬৫ চনৰপৰা ৰিজাৰ্ভখনত পুনৰ সংস্থাপন দিছে। ৰিজাৰ্ভখনৰ
দক্ষিণ দিশেৰে বাঘৰ পাহাৰলৈ যোৱা ৰাস্তাৰ দাঁতিত মানুহৰ প্ৰয়োজনত এখন সৰু বজাৰ
গঢ় লৈ উঠিছে। বজাখনত জন সমাগম বেয়া নহয়। কে’বাটাও চাহ
দোকান, গেলামালৰ দোকান আছে বজাৰখনত৷
তছলিম চাহ দোকান এখনৰ ভিতৰলৈ সোমাই গ'ল। নতুন মানুহ দেখি চাহ
দোকানত বহি থকা মানুহবিলাক কৌতূহলী হৈ উঠিল। তছলিমে লক্ষ্য কৰিলে, আটাইৰে দৃষ্টি তাৰ ওপৰত নিবন্ধ ৷ তছলিমৰ মনলৈ অস্বস্তিৰ ভাব এটা আহিল ৷
মানুহৰ কৌতূহলৰ কাৰণো সি উপলব্ধি কৰিব পাৰিলে। ইয়ালৈ অপৰিচিত মানুহৰ আগমন খুবেই
কম হয়। গতিকে হঠাৎ কোনোবা অপৰিচিত মানুহ দেখিলে মানুহবিলাক কৌতূহলী হৈ উঠে। কোন
আহিল? কিয় আহিল? এনেদৰে নানা প্রশ্ন
জাগে মানুহবিলাকৰ মনত ৷ য'ত সদায় নতুন মানুহৰ আগমন হয়,
সেইবোৰ ঠাইৰ মানুহে নতুন মানুহ দেখিলেও কৌতূহল অনুভৱ নকৰে।
মানুহবিলাকৰ মাজৰ পৰা পচিশ ছাব্বিছ বছৰীয়া ডেকা এজনে কৌতূহল দমাব নোৱাৰি সুধিয়ে
পেলালে- আপোনৰ ঘৰ ক’ত? যাব কলৈ ?
তছলিমে নিজৰ পৰিচয় দি ভাগি পৰা ওয়েভিং
চেণ্টাৰটো চাবলৈ আহিছে বুলি জনালে।
ডেকাজন উৎসাহিত হৈ উঠিল- হয় নেকি! পাছমুহূৰ্ততে
সি সজাগ হৈ উঠিল । তছলিমৰ ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি সি তাচ্ছিল্যৰ সুৰত ক'লে- ঘৰত বহিয়ে দেখোন
ৰিপোৰ্ট লিখিব পাৰিলেহেঁতেন, ইয়ালৈ কষ্ট কৰি অহাৰ কি
প্রয়োজন আছিল ?
তছলিমে একো নুবুজাৰ ভাওজুৰি ডেকাজনৰ ফালে চাই ৰ'ল। ফলত ডেকাজন উৎসাহিত হৈ
উঠিল। সি দ্বিগুণ উৎসাহেৰে নিজৰ অভিজ্ঞতা বর্ণনা কৰিবলৈ ধৰিলে- বহুত দেখিলো,
বহুত শুনিলো। সকলো একেই। চবেই মাথোন নিজৰ চিন্তা কৰে। ৰাইজৰ কাৰণে
চিন্তা কৰাৰ মানুহ নাই। সকলো স্বাৰ্থপৰ। আজি-কালি অফিচাৰ মানেই ঘোচৰ ভড়াল। অফিচাৰ
নহয় যেন একো একোজন তেজপিয়াহে। টকাৰ গোন্ধ পালে জিভা লক্লক্ কৰে । নৈতিকতা ধোঁৱা চাঙত উঠে।
ডেকাজন ৰৈ যোৱাৰ লগে লগে তছলিমে মুখ খুলিলে-
সকলোকে একে বুলি নাভাবিব। বেয়াৰ মাজত দুই চাৰিজন ভাল মানুহ নিশ্চয় আছে।
ভাল মানুহ! ডেকাজনে প্ৰতিবাদ কৰি উঠিল- লংকালৈ গ'লে আটায়ে ৰাৱণ হয়। এই
পঁচিছ বছৰীয়া জীৱনত ভাল মানুহ এজনো চকুত নপৰিল । ওয়েভিং ছেণ্টাৰটোৰ কথাই ধৰক। পাঁচ লাখ
টকাৰ কাম, পাঁচ বছৰো নিটিকিল।
সাধাৰণ বতাহতে ভাঙি পৰিল। নপৰিব কিয়, পঁচিছ শতাংশ টকাৰ কামো
কৰা নাছিল । আটায়ে ভগা-ভাগি কৰি খাইছিল। বৰ্তমান এক লাখ টকাৰ কাম আহিলে পচাত্তৰ
শতাংশ যায় অফিচাৰ আৰু ঠিকাদাৰৰ জেপত। মাথোন পঁচিছ শতাংশ টকাৰহে কাম হয়।
কেতিয়াবাতো কাম নকৰাকৈয়ো টকা মোকলাই লয়। এইবোৰ নহয় বুলি আপুনি ক'ব পাৰিব নেকি?
তছলিম ভাবিলে, ডেকাজনৰ লগত তৰ্ক কৰি লাভ নাই। কাৰণ ডেকাজনে মিছা কথা
কোৱা নাই। জুয়ে পোৰা গৰুই ৰঙা মেঘ দেখিলেও ভয় পায়। অপ্রিয় হ’লেও সত্য কথাকে কৈছে ডেকাজনে। গতিকে তছলিমে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- ফলেহে বৃক্ষৰ পৰিচয় দিয়ে। মই নতুন মানুহ । ক'বলৈ গ'লে আজিৰ পৰাই মোৰ
কৰ্মজীৱনৰ আৰম্ভণী। আপুনি কোৱা কথাবোৰ মই নিশ্চয় মনত ৰাখিম।
তছলিম ওয়েভিং চেণ্টাৰলৈ আহিল । পৰিচাৰিকাজনী আগৰে পৰাই চেণ্টাৰটোত ৰৈ
আছিল। হয়তো কোনোবাই তাইক সি অহাৰ খবৰ আগতেই দিছিল। পৰিচাৰিকাজনীয়ে আথে-বেথে তাক
আগবঢ়াই নিলে। তাইৰ লগত পাঁচ ছয়জনমান স্থানীয় মূৰব্বীও উপস্থিত আছিল। চেণ্টাৰটো
বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। গৃহটো উত্তৰ-দক্ষিণ মুৱাকৈ নিৰ্মাণ কৰা হৈছে। পশ্চিম
ফালৰ দেৱালৰ অৱশিষ্ট নাই বুলিয়ে ক'ব পাৰি। ইটাবোৰ স্তুপাকাৰ হৈ পৰি আছে। স্থানীয় ৰাইজৰ
অভিযোগ মতে গৃহটো নিৰ্মাণৰ সময়তে দুনীর্তি সংঘটিত হৈছে। নিৰ্মাণৰ সময়ত স্থানীয়
ৰাইজে এই বিষয়ে আপত্তি কৰিছিল যদিও ঠিকাদাৰে সিহঁতৰ আপত্তিৰ প্ৰতি কৰ্ণপাত কৰা
নাছিল।
তছলিমে কেমেৰাৰে গৃহটোৰ ফটো তুলিলে। দুজনমান
ডেকাৰ সহায়ত গৃহটোৰ মাফ-জোখো ল'লে ।
পৰিচাৰিকাজনীয়ে চাহ খোৱাৰ বাবে অনুৰোধ কৰিলে-
ছাৰ, আপোনাৰ কাৰণে চাহৰ
ব্যৱস্থা কৰিছো। অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ ব’লক৷
তছলিমে ক্ষমা খোজাৰ ভংগীত ক’লে- ক্ষমা কৰিব । এইমাত্ৰ মই দোকানত চাহ খাই আহিছো । গতিকে চাহ নাখাও। পাছত কোনোবা দিনা আহি খাম বাৰু। এইদৰে কৈ
সি সিহঁতৰ পৰা বিদায় লৈ বাচষ্টেণ্ডলৈ আহিল।
বাচষ্টেণ্ডত বাচ নাই। আঁহত গছৰ তলত বেঞ্চ এখন
পাৰি থোৱা আছিল । সি আহি বেঞ্চত বহি বাচৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে।
খন্তেক অপেক্ষা কৰাৰ পাছত চাহ দোকানত লগ পোৱা
ডেকাজন তালৈ আহিল। সি সুধিলে- অ' আপুনি! চোৱা হ'ল নেকি?
হয় চালো। তছলিমে ক'লে- বৰ বেয়াকৈ
ক্ষতিগ্ৰস্ত হৈছে। চিমেণ্টতকৈ বালিৰ পৰিমাণে অধিক আছিল।
পাঁচ লাখ টকাৰ কামত এক লাখ টকা খটুৱাইছিল নে নাই
সন্দেহ আছে। ডেকাজনে বিৰক্তি ভৰা কণ্ঠত ক’লে- সকলো চোৰ বুজিছে ! ওপৰ মহলাৰ পৰা তলৰ মহলালৈকে।
কাকনো ক’ব কোনে পতিয়াব! ভাল কথা শুনিবলৈ মানুহ নাই।
গাঁজাখুৰি গল্প এটা আৰম্ভ কৰক শ্ৰোতাৰ অভাৱ নহ'ব। নৈতিকতা
নাই। নৈতিকতাবিহীন সমাজ এখন অন্ধকাৰৰ ফালে গতি কৰে। উচিত কথাৰ মূল্য নাই। মোৰ কথাই
ধৰক। মই কমিউনিজমত বিশ্বাসী। মার্ক্সৰ ভক্ত । উচিত কথা কওঁ-- মানুহক এখন সুন্দৰ সমাজৰ
সপোন দেখুৱাও। মানুহে মোক চেৰা বলিয়া বুলি ভাবে। অৱশ্যে মুখৰ ওপৰত কোনেও মাত
নামাতে ৷ আঁতৰি আহিলেই সমালোচনা কৰে। মই সেইবোৰলৈ কেৰেপ নকৰোঁ। মানুহে বেয়া পালে
বুলিয়ে উচিত কথা কোৱাকৈ থাকিম নেকি ! পাপ কৰাজন আৰু পাপক প্রশ্রয় দিয়াজন সমানে
দোষী, নহয় জানো?
তছলিমৰ প্ৰতিক্ৰিয়া জনাৰ কাৰণে ডেকাজন ৰৈ গ'ল।
তছলিমে ক’লে- আপুনি ঠিকেই কৈছে। কিন্তু এইবোৰ কথা চিন্তা কৰাৰ
সময় নাই মানুহৰ। মানুহৰ মৌনতাই অসামাজিক মানুহবোৰক উৎসাহিত কৰি আছে। আপুনি
কেতিয়াবা ব্লকলৈ গ'লে মোৰ লগত দেখা কৰিব।
নিশ্চয় কৰিম। ডেকাজনে ক'লে- মইতো সদায় গৈয়ে
থাকোঁ। কমৰেড তফিজুদ্দিন বুলি ক'লে আটায়ে চিনি পায়।
ওয়েভিং চেণ্টাৰটো যিজন অভাৰচিয়াৰৰ তত্বাৱধানত নিৰ্মাণ হৈছিল, তেখেত খুবেই ভাল মানুহ আছিল। মোৰ লগত ভাল চিনাকিও আছিল। মোৰ পৰামৰ্শ দুই
এটা মানি ও চলিছিল। তেখেত জীয়াই থাকিলে বিলে পাছ নহ'লহেঁতেন।
গতিকে মাৰি পেলালে।
তছলিম সজাগ হৈ উঠিল। কিন্তু অধিক কৌতূহল প্রকাশ
কৰিলে তফিজুদ্দিনে বেলেগ কিবা ভাবিব পাৰে বুলি ভাবি সি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে
। সি মাথোন ক’লে- স্বার্থত আঘাত লাগিলে
বহু সময়ত মানুহ হিংস্ৰ হৈ উঠে। তেতিয়া মানুহে বহু সময়ত অনুচিত কামো কৰি পেলায়।
এয়া একো আচৰিত কথা নহয়। পুতেকে দেউতাকৰ বিৰুদ্ধে, ভায়েকে
ককায়েকৰ বিৰুদ্ধে থিয় দিবলৈও কুণ্ঠাবোধ নকৰে। এইদৰে তফিজুদ্দিনক শলাগি সি
সুধিলে-কিন্তু কামটো কোনে সংঘটিত কৰিছিল বুলি ভাবে?
কোনটো কাম? তফিজুদ্দিনে তছলিমৰ কথাৰ অৰ্থ বুজিব নোৱাৰি প্ৰশ্ন
কৰিলে।
আগৰজন অভাৰচিয়াৰৰ বিষয়ে ! নাই নাই, মোৰ বেলেগ কোনো উদ্দেশ্য
নাই। যেহেতু ময়ো এইটো অঞ্চলতে কাম কৰিব লাগিব, গতিকে ইয়াৰ
মানুহবোৰৰ বিষয়ে জানিব পাৰিলে ভাল হয় দিয়কচোন।
তফিজুদ্দিন সচকিত হৈ উঠিল। সি কেইফালে দৃষ্টি
বুলালে। হয়তো সিহঁতৰ কথাবোৰ কোনোবাই শুনি আছে নেকি তাৰে বুজ ল'লে। তাৰ পাছত তছলিমৰ ভৰিৰ
পৰা মূৰলৈকে লক্ষ্য কৰিলে। কিমানদূৰ বিশ্বাস কৰিব পাৰে তাৰে বুজ ল'লে হয়তো! তাৰ পাছত ক’লে- সেইবোৰ বহুদিন হৈ গ'ল। এতিয়া কৈ লাভ নাই। তথাপি এয়া মোৰ অনুমানহে মাথোন। প্রমাণ বিচাৰিলে
দিব নোৱাৰিম। গতিকে নকওঁ নেকি!
তছলিমে এইবাৰো বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে । ক'লে- জানিলে মই সাৱধান হ'ব
পাৰিলোহেঁতেন। সেই কাৰণেহে জানিব বিচাৰিছিলো। যদি আপুনি ক'ব
খোজা নাই, নালাগে বাৰু ক'ব।
আচলতে কথাটো মই এতিয়ালৈকে কাকো কোৱা নাই।
তফিজুদ্দিনে ক'লে- কিন্তু মই কথাটো বুজিব পৰা নাই, সুস্থ সবল মানুহ
এজন হঠাৎ এনেকৈ কিয় মৰিল থাকিল। তেখেতে কিহৰ অভাৱত আত্মহত্যা কৰিলে! এই সংসাৰখন
যুদ্ধক্ষেত্ৰ সদৃশ। আত্মহত্যা মানে যুদ্ধক্ষেত্ৰৰ পৰা পৃষ্ঠ প্ৰদৰ্শন। আত্মহত্যা
কৰে কাপুৰুষেহে । মই জনামতে, তেখেততো কাপুৰুষ নাছিল ! এই অঞ্চলৰ দুৰ্নীতিপৰায়ণ মানুহৰ বিৰুদ্ধে তেখেতে
জেহাদ ঘোষণা কৰিছিল । কমল দাসৰ দৰে মানুহৰ বিৰুদ্ধেও তেখেতে মাত মাতিবলৈ ভয় কৰা নাছিল৷
কামটো কোনে কৰিছিল বুলি ভাবে? তছলিমৰ নিৰুদ্বেগ প্রশ্ন ।
যাৰ স্বাৰ্থত আঘাত লাগিছিল সিয়েই কৰিছিল
দিয়কচোন। তফিজুদ্দিনে গা এৰা মনোভাবেৰে ক’লে।
তছলিমে অৱশ্যে অনুমান কৰিব পাৰিলে, তফিজুদ্দিনে কাৰ প্ৰতি
কাঁডডাল পোণাইছে। তছলিমক আৰু দুই চাৰিটা প্ৰশ্ন সুধিবলৈ তাৰ মন গৈছিল যদিও সি
নুসুধিলে । কাৰণ বেছি প্ৰশ্ন সুধি থাকিলে তফিজুদ্দিন সজাগ হৈ উঠিব পাৰে। গতিকে
সি সময়-সুযোগ বুজি পাছত কেতিয়াবা শুনিব বুলি ধৈর্য ধাৰণ কৰিলে। তফিজুদ্দিনে যাতে
তাক সন্দেহ কৰিব নোৱাৰে তাৰ বাবে ক’লে- নুকোৱাই ভাল হ'ব। কাৰণ আপুনি
এইবোৰ অনুমানৰ কথা কৈ নিজৰ বিপদ চপাই নল'ব। কাৰণ যিজনে ভুল
কৰে, সি ভুলৰ বাটেৰেই ভুল সমাধান কৰিব বিচাৰে।
তফিজুদ্দিনে তছলিমৰ কথাৰ ইংগিত উপলব্ধি কৰিব
পাৰিলে। ক’লে- সেইবোৰলৈ মই কেৰেপ নকৰো দিয়কচোন। মা-দেউতা নাই। মা সৰুতেই ঢুকাইছে।
দেউতাও চাৰি বছৰমান আগতে ঢুকাল । এতিয়া মোৰ আগে-পিছে কোনো নাই। মেধা
অৱশ্যে বেয়া নাছিল। কিন্তু নানা প্রতিকূলতাৰ মাজেৰে বি, এ পাছ কৰাৰ কাৰণে ফলাফল
ভাল কৰিব পৰা নাই। কোনোমতে টানি-টুনি পাছ কৰিছো। সেয়ে এই প্রতিযোগিতাৰ যুগত আমাৰ
দৰে মানুহৰ চাকৰিৰ আশা নাই। গতিকে কোনোদিন চাকৰিৰ ধান্দাও কৰা নাই। ঘৰ-সংসাৰ কৰাৰ
কথাও কোনোদিন ভবা নাই। গতিকে মোৰ দৰে মানুহ জীয়াই থাকিলেও যি মৰিলেও সেই একেই কথা
দিয়কচোন।
তফিজুদ্দিনৰ কথা শেষ হোৱাৰ লগে লগে ‘ৰেডক্ৰছ' দিয়া জীপ এখন আহি সিহঁতৰ সন্মুখত ৰৈ গ'ল। জীপটো
দেখিয়ে তছলিমে মেডিকেল ডিপাৰ্টমেণ্টৰ জীপ বুলি চিনিব পাৰিলে। জীপৰ ভিতৰৰ পৰা
মূৰটো উলিয়াই নার্চ এজনীয়ে সুধিলে- আপুনি ইয়াত কি কৰি আছে?
তফিজুদ্দিনক উদ্দেশ্য কৰি কোৱা বুলি ভাবি তছলিমে
প্রশ্নবোধক দৃষ্টিত তাৰ ফালে চালে। তফিজুদ্দিনৰ চকুতো একেই
প্রশ্নবোধক দৃষ্টি।
তফিজুদ্দিনে তছলিমক উদ্দেশ্য কৰি ক'লে- আপোনাকে মাতিছে কিজানি
!
মোক! তছলিমে সেমেনা-সেমেনি কৰি ক'লে- মোক মাতিছে? নাই নাই, আপোনাকে মাতিছে হয়তো !
জীপৰপৰা নাৰ্চজনীয়ে তছলিমক উদ্দেশ্য কৰি ক'লে- আপোনোকে মাতিছো। আপুনি
মন্দিয়ালৈ যোৱাৰ কাৰণে ৰৈ আছে হয়তো ! ব’লক, আমাৰ লগত যাব পাৰিব।
তছলিমে ভালকৈ লক্ষ্য কৰাত নাৰ্চজনীক চিনিব পাৰিলে৷
কালি ৰাতিপুৱা হাস্পতালত এইজনী নার্চেই তাক কোনোবা চিনাকি মানুহ বুলি ভাবি তাৰ
ফালে আগবাঢ়ি আহিছিল আৰু শেষত নিজৰ ভুল বুজিব পাৰি একো কোৱাকৈ গুচি গৈছিল। আৰিফাক
হাস্পতাললৈ নিয়াৰ পাছতো এইজনী নাচেই তাইৰ পৰিচৰ্যা কৰিছিল।
তছলিমে নিজৰ দুৰ্বলতা প্রকাশ কৰি ক'লে- আচলতে মই প্ৰথমতে আপোনাক
চিনিব পৰা নাছিলো। এতিয়া অৱশ্যে চিনিব পাৰিছো। হয়, মন্দিয়ালৈ যোৱাৰ কাৰণেই ৰৈ আছো? আপোনালোকৰ অসুবিধা নহয়তো?
নাই নাই, আমাৰ একো অসুবিধা নাই। ছিট এনেয়ে খালী পৰি আছে। উঠক।
তফিজুদ্দিনৰ পৰা বিদায় লৈ তছলিম ড্ৰাইভাৰৰ কাষৰ
ছিটৰ ফালে আগবাঢ়ি গ'ল। নাৰ্চর্জনীয়ে ক'লে- আগত বহিব নালাগে। মোৰ কাষৰ
ছিটতে বহক। এইদৰে কৈ তাই একাষৰীয়াকৈ বহি তছলিমৰ কাৰণে ঠাই উলিয়াই দিলে । চাৰ্জিনীয়া ছিট। জীপত আন এজনী নাৰ্চ আৰু
এজন জুনিয়ৰ ডাক্তৰ বহি আছিল । সিহঁত দুজন কথা পতাত ইমানেই ব্যস্ত হৈ আছিল যে, তছলিমৰ উপস্থিতি যেন সিহঁতে
গমেই নাপালে। সিহঁত আগৰ দৰেই কথা পতাত ব্যস্ত হৈ থাকিল । তছলিম নাচজনীৰ কাষৰ ছিটটোতে বহিল।
প’লিও ভেকচিন দিয়াৰ কাৰণে প্ৰতি মাহত এনেকৈ আহিব লাগে ৷
উপ-স্বাস্থ্যকেন্দ্ৰটো কাষতে আছে। নাৰ্চর্জনীয়ে সিহঁতৰ আগমনৰ উদ্দেশ্য অৱগত কৰি ক'লে- আপোনাক গছৰ তলত বহি থকা দেখিয়ে অনুমান কৰিব পাৰিছিলোঁ, আপুনি বাছৰ কাৰণে অপেক্ষা কৰি আছে বুলি । গতিকে ভাবিলো, যায় যদি আমাৰ লগতে
যাওঁক। ছিটো এনেয়ে খালী পৰি আছিল। মোৰ নাম মৌচুমী। মোৰ বৃত্তিৰ কথাতো আপুনি
ইতিমধ্যে গম পাইছেই!
অ' হয় নেকি! এইদৰে শলাগি তছলিমে নিজৰ পৰিচয় দি
সেমেনা-সেমেনি কৰি সুধিলে- কিন্তু আপুনি মোক চিনিব পাৰিলে কেনেকৈ?
কালি আপুনিয়ে জানো ছোৱালী এজনীক চিকিৎসালয়লৈ লৈ
যোৱা নাছিল! আচলতে ছোৱালীজনীৰ কোনো অসুখ নাই। নাৰ্ভাচনেছৰ কাৰণে তেনেকুৱা হৈছিল।
মূৰটো অৱশ্যে বেয়াকৈ কাটিছে। আজি আবেলিমানত ৰিলিজ দিব
হয়তো!
তছলিমে ক’লে- আচলতে নাৰ্ভাচনেছে হয়। এই নাৰ্ভাচনেছৰ আঁৰৰ
কাহিনী আপুনি হয়তো নাজানে।
কাহিনী! মানে? মৌচুমী কৌতূহলী হৈ উঠিল।
ব্যর্থ প্রেম কাহিনী। এইদৰে কৈ তছলিমে ৰছিদ আৰু
আৰিফাৰ প্ৰেম কাহিনী থূলমূলকৈ বৰ্ণনা কৰিলে।
মৌচুমীয়ে হুমুনিয়াহ কাঢ়ি ক’লে- অপৈণত বয়সৰ প্ৰেমৰ
পৰিণতি প্ৰায়ে এনেকুৱাই হয়। বৰ বেয়া লাগে এনেকুৱা ঘটনা শুনিলে।
আজি-কালি এনেকুৱা ঘটনা অহৰহ ঘটিয়ে আছে। তছলিমে ক’লে- সিহঁতৰ যাতে বিচ্ছেদ
নহয় তাৰ বাবে মই কিবা এটা কৰাৰ কথা ভাবি আছো । নাজানো কিমানদূৰ সফল হ'ব পাৰিম। ৰছিদেও মোক বৰকৈ
খাটনি ধৰিছে। উভয়ে উভয়ক ভাল পায় অথচ অভিভাৱকৰ কাৰণে বিচ্ছেদ হোৱাটো বৰ বেয়া
কথা হ'ব। ৰেজিষ্ট্ৰি নহ'লে অৱশ্যে
বেলেগ কথা আছিল। ৰেজিষ্ট্ৰি হৈছে যেতিয়া অভিভাৱকৰ আঁকোগোজ মনোভাৱৰ কাৰণে সিহঁতৰ
বিচ্ছেদ হোৱাটো ঠিক নহ'ব।
চেষ্টা কৰি চাওঁক, যদি কিবা কৰিব পাৰে!
কাইলৈ মই এপাক সিহঁতৰ গাঁওখনলৈ যোৱাৰ কথা ভাবিছো । তছলিমে ক'লে- ওচৰতে ঘৰ। চাচৰাত ৷ চাওঁচোন
কি কৰিব পাৰো ! সিহঁতৰ কাহিনী শুনাৰে পৰা মনটো বৰ বেয়া লাগি আছে।
এইদৰে কথা পাতি থাকোঁতেই জীপখন আহি
স্বাস্থ্যকেন্দ্ৰৰ চৌহদত ৰৈ গ'ল ৷ সিহঁত জীপৰ পৰা নামিল । তছলিমে মৌচুমীক চাহৰ আমন্ত্ৰণ জনালে- মই
এতিয়ালৈকে এইখন ঠাইৰ বিষয়ে ভালদৰে গম নাপাওঁ। ভাল চাহৰ দোকান এখনলৈ ব’লক।
ভাল দোকান ! মৌচুমীয়ে হাঁহি মাৰি ক'লে- ইয়াৰে ভাল চাহ মানে
বেছি মিঠা চাহ। যদি বেছি মিঠা খোৱাৰ অভ্যাস আছে, তেনেহ'লে খাই ভালেই পাব।
মই বেছি মিঠা নাখাও যদিও ইয়াৰ পৰম্পৰা যেতিয়া
লাহে লাহে অভ্যাস গঢ়ি তুলিব লাগিব। কাৰণ এজনৰ সুবিধাৰ কাৰণেতো আৰু নিয়ম পৰিৱৰ্তন
হ'ব নোৱাৰে! গতিকে য'ত যেনেকুৱা, ত’ত তেনেকুৱাই হ'ব লাগিব। নে কি কয় ?
অৱশ্যে। কিন্তু প্রতিভা থকা সকলে সকলো নিজৰ
অনুকূলে কৰি লয় । মই আগতেই জনাই থওঁ, মোৰ কিন্তু তেনেকুৱা ক্ষমতা নাই। আপোনাৰ আছে যদি
নাজানো ।
মোক দেখি তেনেকুৱা কিবা ধাৰণা হয় নেকি?
মানুহৰ চেহেৰা চাই, তাৰ প্ৰতিভাৰ কথা অনুমান কৰিব
নোৱাৰি। মৌচুমীয়ে ৰহস্যময় হাঁহি মাৰি ক'লে- কিন্তু
তেনেকুৱা মন এটা আপোনাৰ আছে যেন অনুমান হৈছে!
কিয় ক’লে?
ইয়ালৈ আহিয়ে আপুনি প্ৰেমিক-প্ৰেমিকাৰ মিলনৰ কথা
ভাবি আছে। মৌচুমীয়ে হাঁহি মাৰি ক'লে- বাৰু, এতিয়া ব’লক। এইদৰে যুক্তি-তৰ্ক কৰি থাকিলে মোৰ চাকৰি যাব। কাৰণ মই আজিয়ে ৰিপোৰ্ট
জমা দিব লাগিব ৷
দুয়ো চাহ দোকানলৈ সোমাই আহিল । চাহ খোৱাৰ পাছত মৌচুমীয়ে পইচা দিবলৈ গ'ল। তছলিমে বাধা দি ক'লে- পইচা আপুনি দিব নালাগে
৷ পইচা মই দিম ।
কাৰণ?
কাৰণ মইহে আগতে চাহৰ প্ৰসংগটো উত্থাপন কৰিছিলো।
আপুনি চাহৰ প্ৰসংগ উত্থাপন কৰিলেও চাহ দোকানলৈ লৈ
আহিছো মইহে। মৌচুমীয়ে যুক্তি দাঙি ধৰিলে- সেয়ে আপুনি নহয়, মইহে পইচা দিম । কিন্তু এয়া আপোনাৰ অনুচিত দাবি। তছলিমে
ক’লে- গতিকে মইহে পইচা দিম ।
তেনেহ'লে ইয়াৰ সিদ্ধান্তৰ বাবে কোর্টলৈ যাব লাগিব। কোর্টে
যি ৰায় দিব, আমি সেই ৰায় অনুসৰি কাম কৰিম। নে কি কয়?
মৌচুমীয়ে হাঁহি মাৰি ক'লে।
তছলিমে কৃত্রিম ভয় প্রকাশ কৰি ক'লে- বাপৰে কোর্ট! বাঘে
চুলেই ওঠৰ ঘাঁ। গতিকে কোর্টলৈ যাব নালাগে। মানৱতাৰ দৃষ্টিৰে বিষয়টো মীমাংসা কৰাৰ
চেষ্টা কৰোঁ আহক। সি যুক্তি দাঙি ধৰিলে- মোৰ কাৰণে আজি কিবা এটা কৰিছে, গতিকে মোকো কিবা এটা কৰাৰ কাৰণে সুযোগ দিয়ক।
মৌচুমীয়ে কথাটো উপলব্ধি কৰিব নোৱাৰি ক'লে- অর্থাৎ!
তছলিমে কথাটো বুজাই ক'লে- আপুনি আজি মোক লিফ্ট
নিদিয়া হ'লে এতিয়ালৈকে মই কনৰাতে থাকিব লগা হ'লহেঁতেন৷ গতিকে মোক অৱশ্যে কৃতজ্ঞতাখিনি জনাবলৈ দিয়ক।
মৌচুমীয়ে কথাষাৰৰ অৰ্থ বুজিব পাৰি ক'লে- আপুনি বৰ হিচাপী
মানুহ। জীৱনত বহু উন্নতি কৰিব পাৰিব। শাস্ত্ৰত আছে- যস্মিন সৰ্ব্বানি ভূতানি
আত্মৈবাদ্ভূদ্ বিজানতঃ তত্রকো মোহঃ কঃ শোকঃ একত্ব মনুপশ্যতঃ। অর্থাৎ য'ত মংগল, ত’তেই শান্তি, য'ত ঐক্য ত’তেই মংগল। গতিকে
শান্তি প্ৰতিষ্ঠাৰ কাৰণেই সন্ধি অর্থাৎ ঐক্য স্থাপন কৰিবলৈ বাধ্য হ'লো।
তছলিমেই পইচা দিলে। তাৰ পাছত দুয়ো দোকানখনৰ পৰা
ওলাই আহিল ৷
মৌচুমীয়ে ক'লে- পলমে হ'ল। ৰিপোৰ্ট জমা দি
সোনকালে ঘৰলৈ যাব লাগিব। নহ'লে আয়ে চিন্তা কৰিব৷
তছলিমে কৌতূকতে ক’লে- চিন্তা আকৌ কিহৰ?
মৌচুমীয়ে ঠাট্টাৰ সুৰত ক'লে- আপুনি বুজি নাপাব।
কুমাৰী ছোৱালীৰ কাৰণে মাকহঁতৰ চিন্তা অলপ হ'লেও থাকেই!
তাৰ মানে ঘৰলৈ নগৈ যদি বেলেগ ক'ৰবালৈ গুচি যায়! তছলিমে
কথাষাৰ কৈয়ে কৈফিয়তৰ সুৰত ক'লে- বেয়া নাপাব। কাৰণ
আজি-কালি এইটোৱে আটাইতকৈ ডাঙৰ চিন্তা। কোন কেতিয়া কাৰ লগত গুচি যায় একো ঠিক নাই।
সেই বাবেই ছোৱালীবোৰক লৈ মাকহঁতৰ বেছি চিন্তা।
মৌচুমীয়ে হাঁহি মাৰি ক'লে- কিন্তু মোকলৈ তেনেকুৱা চিন্তা কৰাৰ কোনো কাৰণ নাই। কাৰণ মই এতিয়ালৈকে পলাই যোৱাৰ কাৰণে
কোনো ডেকা ল'ৰাৰ সন্ধান কৰিব পৰা নাই।
তছলিমে ঠাট্টাৰ সুৰত ক’লে- কওঁক চেষ্টা কৰা নাই।
অকনমান চেষ্টা কৰিলেই কমেও এডজনমান পাই যাব ।
হয় নেকি? মই কিন্তু কথাটো তেনেকৈ চিন্তাই কৰা নাই। ডেকা ল'ৰাক আকৰ্ষণ কৰিব পৰা তেনে কেনো গুণ মোৰ মাজত আছে বুলি মই কেতিয়াও ভবা নাই
।
ফুলৰ সৌন্দৰ্যৰ কথা ফুলে জানো গম পায়! গম পায়
ভোমোৰাইহে!
তাৰ মানে আপুনি পৰোক্ষভাবে মোক প্ৰশংসা কৰিছে!
মৌচুমীয়ে এইদৰে কৈ কথাৰ প্ৰসংগ সলনি কৰিবলৈ ক'লে- পিচে, কালি আপোনাক কিবা এটা
ক'বলৈ গৈ নুকোৱাকৈ গুচি যোৱাত আপুনি চাগে মোক মনে মনে বেয়া
পাইছিল। আচলতে সিদিনা আপোনাক দেখি মোৰ দৃষ্টিভ্ৰম হৈছিল। মই আপোনাক বেলেগ এজন
মানুহ বুলি ভাবি আগবাঢ়ি গৈছিলো; কিন্তু ওচৰলৈ যোৱাৰ লগে লগে
ভুলটো ধৰা পৰাত লাজ পাই গুচি গৈছিলো। অৱশ্যে তেতিয়াই ভুলটো
স্বীকাৰ কৰা উচিত আছিল। ছোৱালীজনীক হাস্পতাললৈ লৈ যোৱাৰ সময়তো কথাটো ক'ব পাৰিলোহেঁতেন, কিন্তু ব্যস্ততাৰ কাৰণে কোৱা নহ'ল। ক'ব পাৰে, পাহৰিলো৷
তছলিমেও কথাটো পাহৰা নাছিল। সেয়ে সি ক'লে- তেনেকুৱা দৃষ্টিভ্ৰম
বহুতৰে হয়। গতিকে কথাটোত মই বিশেষ গুৰুত্ব দিয়া নাছিলো । আচলতে মোক কোনোবা চিনাকি মানুহ বুলি
ভাবিছিল নেকি?
হয়, কথাটো তেনেকুৱাই। মৌচুমীয়ে তছলিমৰ ফালে ভালদৰে
লক্ষ্য কৰি ক'লে- আপুনি দেখিবলৈ সাইলাখ তেওঁৰ দৰেই। মোৰ দৰে
বহুতেই ভুল কৰিব।
তছলিমে কথাটো উপলব্ধি কৰিব পাৰিলে। কিন্তু সি
কথাটো প্ৰকাশ নকৰিলে ৷ ক'লে- আচলতে মোক কাৰ দৰে দেখা যায়। মাথোন আপুনিয়ে নহয়, ইয়ালৈ অহাৰ পাছত বহুতে মোক তেনেকৈ কৈছে। আচলতে কথাটো কি?
মৌচুমীৰ মুখমণ্ডল যেন এজাক ক'লা ডাৱৰে আৱৰি ধৰিলে । তাই দীঘলকৈ উশাহ টানি ক’লে-এয়া পাঁচ বছৰ আগৰ
ঘটনা। তেৱোঁ আপোনৰ দৰেই জুনিয়াৰ ইঞ্জিয়াৰ আছিল। তেওঁৰ পৰামৰ্শমতেই মই নাৰ্চ
ট্রেনিং ল'বলৈ গৈছিলো। ট্রেনিঙলৈ যোৱাৰ ব্যৱস্থা তেৱেঁই কৰি
দিছিল। কিন্তু তেওঁ সৰহকৈ টোপনিৰ ঔষধ খাই আত্মহত্যা কৰিছিল। কিন্তু কি কাৰণত
আত্মহত্যা কৰিছিল, তাৰ সঠিক কাৰণ এতিয়ালৈকে কোনেও গম পোৱা
নাই।
ইয়ালৈ অহাৰ পাছত যিকেইজন মানুহক তছলিমে লগ পাইছে
আটায়েৰে মনত সন্দেহ যে মিৰণে আত্মহত্যা কৰা নাছিল, তাক হত্যাহে কৰা হৈছিল ৷ তছলিমেও
তেনেকৈ ভাবে। এই হত্যাৰ কাৰণ দুটা হ'ব পাৰে! প্ৰথম কাৰণ হ'ব পাৰেপ্ৰেমজনিত। দ্বিতীয় কাৰণ হ'ব পাৰে তেওঁৰ
স্পষ্টবাদিতা আৰু অন্যায়ক প্রশ্রয় নিদিয়া। মিৰণে কথা কমকৈ কৈছিল, কিন্তু অন্যায় দেখিলে তাৰ মূৰ গৰম হৈ উঠিছিল।
তছলিমৰ এদিনৰ এটি ঘটনাৰ কথা মনত পৰি গ'ল। মিৰাণ তেতিয়া দশম মানৰ
ছাত্ৰ। সি আছিল ফাৰ্ষ্ট বয়। তাৰ ওচৰতে বহিছিল, চেকেণ্ড বয়
আফি। বিজ্ঞানৰ শিক্ষকগৰাকীয়ে আফ্ৰিৰ ওচৰলৈ আহি ক'লে- আফি, তোমাৰ বহীখন অলপ একাষৰীয়া কৰি লিখা। মিৰণে তোমাৰ বহী চাই লিখি আছে দেখোন।
কথাষাৰ মিৰণৰ কাণত পৰিল। সি বহীৰপৰা মূৰ তুলি শিক্ষকগৰাকীৰ ফালে
চালে আৰু থিয় দি ক'লে- ছাৰ, এইটো আপোনাৰ ভিত্তিহীন অভিযোগ।
শিক্ষকগৰাকী হতভম্ব! হয়তো ধেমালিতেই তেওঁ কথাটো
কৈছিল। সেয়ে মিৰণৰ এই অপ্ৰত্যাশিত আক্ৰমণৰ কাৰণে তেওঁ সাজু নাছিল। সেয়ে আৰিফৰ
ওচৰলৈ গৈ পিঠিত হাত বুলাই ক'লে- মই ধেমালিহে কৰিছো। তুমি ইমানেই ছিৰিয়াছলি ল’লানে কথাটো?
আৰিফে তেতিয়া নিৰ্বিকাৰভাবে ক’লে- ধেমালিতে আপুনি অপবাদ
দিব কিয়? এনেকুৱা ধেমালি মই ভাল নাপাও ।
শিক্ষকগৰাকী অস্বস্তিত পৰিল। তেওঁ ক্ষমা খোজাৰ
ভংগীত ক’লে- বাৰু বাৰু, মোৰ ভুল হৈছে। বেলেগ কোনোদিন তোমাৰ লগত ঠাট্টা নকৰোঁ। আচলতে তুমি আৰিফৰ
বহী চাই নিলিখা বুলি মই জানো। লিখি থাকা।
শিক্ষাগুৰুৰ লগত তৰ্ক কৰাটো ভুল হৈছে বুলি
উপলব্ধি কৰি পিছদিনা শিক্ষকগৰাকীৰ ওচৰলৈ গৈ মিৰণে ক্ষমা খুজিছিল।
আচলতে ইয়ালৈ অহাৰ পাছত বহুতৰে মুখত মই তেওঁৰ
আত্মহত্যাৰ বিষয়ে শুনিছো। তছলিমে ক’লে- তেওঁ দেখিবলৈ হেনো প্রায় মোৰ দৰেই আছিল, এই কথা মই বহুতকে কোৱা শুনিছো।
বহুতে মানে! মৌচুমীয়ে ক'লে- এশ শতাংশই প্ৰথমতে এই
ভুলটো কৰিব। ইয়াত সন্দেহৰ অৱকাশ নাই। মই নিজেই সেই ভুলটো কৰিছো।
ঠিক আছে। তছলিমে ক'লে- বহু সময় কথা পাতিলো। পাছত
কেতিয়াবা নিশ্চয় লগ পাম ।
(ন)
মৌচুমী!
মৃগ নয়না। নীলা সাগৰত যেন দুপাহ পদুম ফুলি আছে।
দেউতাক জুনিয়ৰ ডাক্তৰ আছিল। বৰ্তমান ইহসংসাৰত নাই। পাঁচ বছৰমান আগতে বাইকৰ খুন্দাত ঢুকাইছে। ক'ব পাৰি মৌচুমীয়ে চাকৰিটো
উত্তৰাধিকাৰসূত্ৰে পাইছে। অৱশ্যে এই ক্ষেত্ৰত মিৰণৰো যথেষ্ট অৱদান আছে। সিয়ে তাইৰ
প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছিল। ঘৰত বৰ্তমান মাকৰ বাহিৰে কোনো নাই। বায়েক ববিতাৰ
চাৰি বছৰমান আগতে ফিছৰ লগত বিয়া গৈ গৈছে। অভিভাৱক নাই কাৰণে বিয়াৰ পাছতো ববিতা
সিহঁতৰ লগতে আছিল। দুবছৰ আগতে বেলেগ ঠাইলৈ গুচি গৈছে। এবছৰমান আগতে মৌচুমীৰ
চাকৰিটো হৈছে।
দেউতাক পীৰজাহান ফাৰ্মাচিষ্ট আছিল। তেওঁ ডি-ফার্ম
পঢ়া নাছিল। কলিকতাৰ কোনোবা অনুষ্ঠানৰ পৰা চাৰ্টিফিকেট এখন লৈ এজন ডাক্তৰৰ অধীনত
কিছুদিন থাকি অভিজ্ঞতা সঞ্চয় কৰি ফাৰ্মাচিখন দি পৰিয়াল পোহপাল দিছিল। বর্তমান
ভিনিহিয়েকে সেই ফাৰ্মাচীখন চলাই আছে। ববিতাৰ তিনি বছৰীয়া পুতেক এজন আছে।
আজি মৌচুমীৰ আগাবেলা ডিউটি আছিল। দুই বজাত তাইৰ
ডিউটি শেষ হৈছে। ছুটীৰ পাছত ঘৰলৈ আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি তাই অলসভাবে বিছনাত
পৰি আছিল।
তাইৰ চকুৰ আগত অতীতৰ কিছুমান টুকুৰা-টুকুৰ স্মৃতি
ভাহি উঠিল। তছলিমক দেখাৰ পাছৰে পৰা তাইৰ মিৰণলৈ বৰকৈ মনত পৰি আছে। তছলিম আৰু মিৰণ
দেখাত প্রায় একেই! সেয়ে তাই প্রথম দৰ্শনত তছলিমক মিৰণ বুলি ভুল কৰিছিল।
দেউতাকে তাই ডাক্তৰ হোৱাটো বিচাৰিছিল । কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি । তাইৰ বেলিকাও সেয়ে হ'ল। উচ্চতৰ মাধ্যমিকলৈ ছমাহ
থাকোঁতে দেউতাকৰ মৃত্যু হ'ল। তেওঁ সন্ধিয়া সাতমান বজাত
চাইকেলেৰে বজাৰৰপৰা ফাৰ্মাচীলৈ আহি আছিল। হঠাৎ পিছফালৰ পৰা বাইক এখন আহি তেওঁক
খুন্দা মাৰিলে। কিন্তু কোনে খুন্দিয়াইছিল কোনেও দেখা নাছিল। কাৰণ সম্ভৱতঃ তেতিয়া
তেওঁৰ ওচৰে-পাঁজৰে কোনো নাছিল।
সিদিনা আছিল শীতকালৰ সন্ধিয়া। বতৰ ডাৱৰীয়া
আছিল। আবেলিৰপৰা কিন্কিনীয়া বৰষুণ দি আছিল। ফলত ৰাস্তাত তেনেকৈ বিশেষ মানুহ-
দুনুহ নাছিল। দেউতাক খুন্দা মৰাৰ
আধাঘণ্টামান পাছতহে ঠেলাৱালা এজনে দেউতাকৰ মৃতদেহটো ৰাস্তাৰ মাজত পৰি থকা দেখা
পাইছিল। মূৰটো একেবাৰে থেতেলি গৈছিল। ক্ষতস্থানৰ পৰা তেজ বৈ ৰাস্তাটো ৰাঙলি হৈ
পৰিছিল।
অঞ্চলটোৰ আটায়ে দেউতাকক চিনি পাইছিল। কাৰণ
মন্দিয়া অঞ্চলত দেউতাকে প্রথম ফাৰ্মাচি দিছিল। ফলত অঞ্চলটোৰ প্ৰায় বিলাক মানুহেই
দেউতাক চিনি পাইছিল আৰু আটাইৰে লগত সম্পর্ক ভাল আছিল। আটায়ে তেওঁক ভালো পাইছিল।
দেউতাকৰ মৃতদেহ তেনে অৱস্থাত দেখা পাই
ঠেলাৱালাজনে চিঞৰ-বাখৰ কৰি মানুহ মাতি আনিছিল । কেইজনমান গৈছিল থানালৈ আৰু ঠেলাৱালাই নিজে
আহিছিল মৌচুমীহঁতক খবৰ দিবলৈ।
দেউতাকক খুন্দা মাৰাৰ সময়ত ওচৰে-পাঁজৰে কোনো
মানুহ নাছিল যদিও বহুতে মটৰ চাইকেলৰ শব্দ শুনিবলৈ পাইছিল। তেতিয়াআঙুলি মূৰত লেখিব
পৰা দুই চাৰ্জিন মানুহেহে বাইক চলাইছিল। ফলত বাইকৰ সিমান আহ-যাহ নাছিল। গতিকে
বাইকৰ শব্দৰপৰা আটায়ে অনুমান কৰিছিল যে, সেইখন বাইকেই দেউতাক খুন্দা মাৰিছিল। তদুপৰি তাৰ পাছত
কোনো বাইকৰ শব্দ কোনেও শুনা নাছিল। পোষ্টমর্টেম ৰিপোৰ্টতো সন্ধিয়া সাতমান বজাত
দেউতাকৰ মৃত্যু হৈছিল বুলি ৰিপোৰ্ট ওলাইছিল। আৰক্ষীয়ে বাইক থকা মানুহখিনিক থানালৈ
মাতি আনি সোধা-মেলা কৰিছিল যদিও কোনে খুন্দা মাৰিছিল তাৰ তলা-নলা উলিয়াব পৰা
নাছিল। কাৰণ সিদিনা সন্ধিয়া কোনেও বাইক লৈ ওলোৱা নাছিল বুলি আৰক্ষীক জনাইছিল।
প্রত্যেকেই নিজৰ কথাৰ সত্য-সত্যতা প্রমাণ কৰিবলৈ চাফাই সাক্ষীও দিছিল। ফলত চহৰৰপৰা
অহা কোনোবা মানুহে দেউতাকক খুন্দা মাৰিছিল বুলি আৰক্ষীয়ে প্ৰতিবেদনত উল্লেখ
কৰিছিল আৰু আৰক্ষীৰ তদন্ত সিমানতে অন্ত পৰিছিল।
মিৰণ আহমেদ তেতিয়া মন্দিয়া উন্নয়ন খণ্ডতে
কৰ্মৰত আছিল। সি বাইক আৰোহীৰ সন্ধান উলিয়াবলৈ উঠি-পৰি লাগিছিল। কিন্তু
দুর্ভাগ্যবশতঃ দেউতাকৰ মৃত্যুৰ এসপ্তাহমান পাছত মানসিক চাপত ভূগি অত্যধিক টোপনিৰ
দৰৱ খাই সি আত্মহত্যা কৰিছিল। ডাক্তৰে তেনেকৈয়ে ৰিপোৰ্ট দিছিল। কিন্তু কি কাৰণত
টোপনিৰ দৰৱ খাইছিল, সেই বিষয়ে পুলিচে কোনো উল্লেখযোগ্য তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।
ফলত কেইদিনমানৰ আগে-পাছে সংঘটিত হোৱা দুটা কেছ তথ্য প্ৰমাণৰ অভাৱত পুলিচে বন্ধ কৰি
দিছিল। কিন্তু হত্যাকাৰীতো কোনোবা নহয় কোনোবাতো নিশ্চয় আছিল ! মৌচুমীয়ে এই
বিষয়ে বহুদিন ভাবিছে। কিন্তু তাই এই বিষয়ে কোনো গ্রহণযোগ্য সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল। চাকৰিত যোগদান কৰাৰ পাছত কর্মব্যস্ত হৈ পৰাৰ কাৰণে তাই এই
বিষয়ে ভাবিবলৈ এৰিয়ে দিছিল। কিন্তু তছলিমক দেখাৰ পাছৰপৰা তাইৰ মনত পুৰণি
স্মৃতিবোৰ পুনৰ উক্ দি উঠিছে।
মৌচুমীক আৰু এষাৰ কথাই ভবাই তুলিছে! তছলিম
দেখিবলৈ সাইলাখ মিৰণৰ দৰে। মিৰণ আৰু তছলিমৰ কিবা সম্পৰ্ক আছে নেকি বাৰু? মিৰণৰ ঘৰ নগাঁওৰ হোজাইৰ
ফালে কোনোবা এখন গাঁৱত আছিল। তছলিমৰ ঘৰো হেনো নগাঁওৰ হোজাইৰ ওচৰৰে কোনোবা এখন
গাঁৱত ! তেনেহ'লে মিৰণ আৰু তছলিমৰ মাজত কিবা সম্পর্ক আছে
নেকি বাৰু! কিন্তু কি সেই সম্পর্ক? তছলিমক সুধিলেহে প্ৰকৃত
কথাটো গম পোৱা যাব। তাই এই বিষয়ে ববিতাৰ লগত আলোচনা কৰিবলৈ মনে মনে সিদ্ধান্ত ল'লে।
এনেতে হঠাৎ মাক মাছুমা বেওৱা কোঠালিৰ ভিতৰলৈ
সোমাই আহি সুধিলে- চাহ খাবি নেকি?
চক্ খাই উঠি মৌচুমীয়ে ক'লে- চাহ ! এতিয়া নাখাও।
বাবলুহঁতৰ ঘৰলৈ যাম বুলি ভাবিছো। কামৰ হেঁচাত বহুদিন যাব পৰা নাই। আজি এপাক গৈ আহো
বুলি ভাবিছো৷
মৌচুমীয়ে দেৱাল ঘড়ীটোলৈ চাই পঠিয়ালে।
কেতিয়াবাই চাৰি বাজি গৈছে। তাই ক'লে- চাৰি বাজি গৈছে। মই বাবলুহঁতৰ ঘৰৰপৰা আহোগৈ।
বজাৰ-সমাৰ কিবা আনিব লাগিব নেকি? বজাৰ কৰিবলৈ আছে যদি
একেবাৰে বজাৰ কৰি আহিম। কি কি আনিব লাগিব কোৱা।
নাই, নালাগে । মাছ, চব্জি সকলো আছে। মাকে ক’লে-
যাওঁতে বাবলুৰ কাৰণে বগৰী কেইটামান লৈ যাবি। আজি ৰাতিপুৱা পাৰিছো। ময়ে লৈ যাম
বুলি ভাবিছিলো। তই যাবি যেতিয়া তয়ে লৈ যা।
খৰধৰ কৰি বিছনাৰ পৰা নামি তাই হাত-মুখ ধুই
কাপোৰ-কানি পিন্ধি ববিতাহঁতৰ ঘৰলৈ বুলি ওলাল।
ববিতাই বাৰাণ্ডাত বহি কিতাপ পঢ়ি আছিল । মৌচুমীক দেখি তাই কিতাপখন জপাই ক'লে- অ’ মৌচুমী! আহ। আহ। খা-খবৰ ক৷ মা’ৰ খবৰ কি?
মা ভালে আছে। তোমালোকৰ খবৰ কোৱা। আহিম আহিম বুলিও
কামৰ হেঁচাত আহিবপৰা নাছিলো। এইদৰে কৈ মৌচুমীয়ে ভেনিটি বেগৰ পৰা বগৰীৰ টোপোলাটো
বাহিৰ কৰি বায়েকৰ হাতত দিলে।
ববিতাই টোপোলাটো টিপি চাই সুধিলে- কি এইবোৰ? বগৰী নেকি?
ববিতাই বগৰীৰ টোপোলাটো খুলি বগৰী এটা মুখত ভৰাই ক'লে- বৰ টেঙা অ’। কোনজোপা গছৰ?
নাজানো। মৌচুমীয়ে ক'লে- মাই পাৰিছে। টেঙা
যেতিয়া উত্তৰ ফালৰ গছৰ হ'ব লাগে। ৰ'দ
নপৰে যে! ৰ'দ নপৰে কাৰণে উত্তৰ ফালৰ বগৰী টেঙা।
এতিয়া টেঙা বস্তু খাব নোৱাৰি। ববিতাই ক'লে- আগতে টেঙা আম চোবাই
খাই চাউল চোবাই খাব পাৰিছিলো। এতিয়া সাধাৰণ টেঙা খালেই দাঁত টেঙা হৈ যায় ৷
দাঁতৰ প্রব্লেম হৈছে নেকি? মৌচুমীয়ে উপদেশৰ সুৰত ক'লে- ডাক্তৰ দেখুৱাবি ।
দেখুৱাব লাগিব। ববিতাই সুধিলে- কিয় আহিলি ক’।
মৌচুমীয়ে ক'লে- সিদিনা এজন মানুহক লগ পালো। জুনিয়ৰ ইঞ্জিনিয়াৰ।
আমাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নতুনকৈ জইন কৰিছে।
ববিতাই অর্থপূর্ণভাবে মৌচুমীৰ ফালে চাই ক'লে- কি হ'ল সেই বুলি?
মানুহজনৰ আচৰিত ধৰণে মিৰণ ভাইৰ লগত সাদৃশ্য আছে।
হুবহু একেই। ঘৰো বোলে নগাঁওৰ হোজাইৰ ফালৰে কোনোবা এখন গাঁৱত ! মিৰণ ভাইৰ ঘৰোতো
হোজাইৰ ফালেই আছিল ! মিৰাণ ভাইৰ কিবা সম্পৰ্কীয় নেকি? এই বিষয়ে সুধিবলৈ গৈও
সোধা নহ'ল।
মৌচুমীয়ে কথাটো বুজিব পাৰি ক'লে- সিদিনা ময়ো তাক লগ
পাইছিলো। কালি সি আমাৰ ঘৰলৈকো আহিছিল। তাক মিৰণ বুলি ময়ো ভুল কৰিছিলোঁ । ভালদৰে লক্ষ্য কৰাতহে ভুলটো ধৰা পৰিল। মিৰাণৰ সোঁগালত তিল এটা আছিল। এওঁৰ নাই। চুলিবোৰো একে- কেঁকোৰা ৷
অৱশ্যে যমজ নহয়। এই বিষয়ে মই নিশ্চিত। কাৰণ উভয়ৰ মাজত বয়সৰ বহু পাৰ্থক্য।
যমজ নহ'লেও সি নিশ্চয় মিৰণ ভাইৰ ভায়েকে হ'ব। মৌচুমীয়ে নিজৰ মত ব্যক্ত কৰিলে- আমাৰ বিষয়ে নাজানে কাৰণে হয়তো তাৰ
পৰিচয় দিয়া নাই৷
হ'ব পাৰে! ববিতাই ক’লে- মোৰো
তেনেকুৱাই সন্দেহ হৈছে।
পুনৰ লগ পালে তাক এই বিষয়ে সুধিব লাগিব ।
তই তাক কেনেকৈ লগ পালি?
সিদিনা হঠাৎ লগ পাইছিলো। এইদৰে কৈ মৌচুমীয়ে
কেনেকৈ তছলিমক লগ পাইছিল সেই বিষয়ে বিৱৰি ক'লে- মিৰণ ভাইৰ মৃত্যুই তোৰ জীৱনৰ পটে সলনি কৰি দিলে।
মানুহজনক দেখাৰে পৰা মিৰণ ভাইৰ কথা বৰকৈ মনত পৰি আছে অ’।
ববিতাৰো মনত পৰি আছে, কিন্তু তাই এই বিষয়ে একো
নক'লে। স্মৃতিৰ এচপৰা মেঘ উৰি আহি তাইৰ মনৰ মাজত লুকা-ভাকু
খেলিবলৈ ধৰিলে।
ববিতা তেতিয়া কলেজৰ ছাত্ৰী। সিদিনা তাই
কেইজনীমান বান্ধৱীৰ সৈতে কলেজৰ পৰা ঘৰলৈ আহি আছিল।
ৰাস্তাৰ দাঁতিত দুটা ষাঁডে যুঁজ কৰি আছিল। যুঁজ
চাবলৈ আটাই কেইজনী ৰাস্তাৰ দাঁতিত ৰৈ গ'ল। তয়ময়া যুঁজ। দুয়োটাই সমান বলী। কোনেও কাকো নেৰে।
দৃশ্যটো চাবলৈ দুই এজনকৈ মানুহ আহি ঠাইডোখৰত গোট খাবলৈ ধৰিলে। এটা সময়ত
মানুহবিলাকে বৃত্তৰ দৰে ষাঁড় দুটাক ঘেৰি ধৰিলে।
দুয়ো যেন গ্লেডিয়েটৰ। জীৱন পণ সংগ্ৰামত মত্ত।
জীৱন গ'লে যাওঁক, তথাপি মান থাকক- এই মনোভাবেৰে যুঁজ কৰি আছে। মানুহবিলাক আদিম পৈচাশিক
উল্লাসত ফাটি পৰিছে। আদিম উল্লাসত মানুহবিলাকেও ষাঁড় দুটাৰ লগত পৰোক্ষভাবে যুঁজত
অংশ গ্ৰহণ কৰিলে । এটাক অলপ পিছহোঁহকা দেখিলেই ‘মাৰ-মাৰ, ধৰ-ধৰ' বুলি উৎসাহিত কৰিবলৈ ধৰিলে মানুহবিলাকে। কিন্তু ষাঁড় দুটাৰ সেইফালে মুঠেই
ভ্রূক্ষেপ নাই। সিহঁত যুঁজত ব্যস্ত।
দৈহিক শক্তি অফুৰন্ত নহয়। এটা সময়ত তাৰ শেষ
আছে। তদুপৰি যুঁজ মানেইতো এজনৰ জয় আৰু আনজনৰ পৰাজয়। এটা সময়ত ষাঁড় দুটাৰ
বেলিকাও সেয়ে হ’ল। এটা ষাঁড়ে পৰাজয় স্বীকাৰ কৰি ৰণত ভংগ দি দৌৰি পলাবলৈ ধৰিলে । দুর্ভাগ্যক্রমে ববিতাহঁত থিয় দি থকা
ঠাইডোখৰৰ ফালে ষাঁড় দুটা দৌৰি আহিল । সিহঁতে বাট এৰি দিলে যদিও দুৰ্ভাগ্যক্ৰমে পৰাজিত ষাঁড়টোৱে ববিতাক
ঠেলা মাৰি পেলাই দি তাইৰ ওপৰেৰে জঁপিয়াই পাৰ হৈ গ'ল।
শিলগুটি দিয়া ৰাস্তা। শিলৰ ওপৰত পৰি ববিতাৰ মূৰৰ
এঠাইত ফাটি গ'ল। ক্ষতস্থানেৰে সৰসৰকৈ তেজ ব’বলৈ ধৰিলে। উপস্থিত
মানুহবিলাক হতভম্ভ। কেইজনমানে তাইক মাটিৰপৰা দাঙি বহুৱাবলৈ চেষ্টা চলালে; কিন্তু বৃথা চেষ্টা। কাৰণ ইতিমধ্যে তাই জ্ঞান হেৰুৱাই পেলাইছিল।
ববিতাক হাস্পতাল লৈ নিয়াৰ কাৰণে আটায়ে ব্যস্ত
হৈ পৰিল, কিন্তু নিয়ে কেনেকৈ !
কাৰণ হাস্পতাল ভালেখিনি আঁতৰত। গতিকে দাঙি নিয়া সম্ভৱ নহয়!
এনেতে মিৰাণ আহি সেইখিনি পালেহি। সি ৰিক্সাত উঠি
বজাৰৰ ফালে গৈ আছিল। মানুহৰ জুম দেখি ৰিক্সাৱালাজনে ৰিক্সাৰ গতি মন্থৰ কৰিলে। ডেকা
ল'ৰা এজন তাৰ ৰিক্সাৰ
সন্মুখত থিয় হৈ ক’লে- একচিডেণ্ট হৈছে। মূৰ ফাটি গৈছে।
হাস্পতাল লৈ নিব লাগিব। যদি বেয়া নাপায়, আপোনৰ ৰিক্সাখনত
নিবলৈ দিলে বৰ উপকাৰ হ'ব ।
মিৰাণ ৰিক্সাৰ পৰা নামি ঘটনাৰ গম গতি লৈ ববিতাক
তৎক্ষণাৎ ৰিক্সাত তুলি হাস্পতাললৈ লৈ আহিল৷
এইদৰেই মিৰাণৰ লগত তাইৰ প্ৰথম পৰিচয় হৈছিল। এটা
সময়ত সেই পৰিচয়ে ভালপোৱাৰ ৰূপ ল'লে। লাহে লাহে উভয়ৰ আবেগ-অনুভূতি একাকাৰ হৈ পৰিল । এজনে আনজনক এৰি থাকিব নোৱাৰা হ'ল।
ববিতাহঁতৰ ঘৰখনৰ আটায়ে এই ভালপোৱা সহজভাবে গ্ৰহণ
কৰিলে। একমাত্ৰ ফ্ৰিব্ৰুছে আছিল ব্যতিক্রম। সি মিৰণক চকু পাৰি দেখিব নোৱাৰা হ’ল।
ইয়াৰ অৱশ্যে কাৰণো আছিল।
ফিৰদুছৰ লগত ববিতাহঁতৰ তেজৰ সম্পৰ্ক নাছিল।
ববিতাৰ দেউতাক পীৰ জাহান এদিন গুৱাহাটীৰ পৰা আহোঁতে তাক বাছত লগ পাইছিল। ফিদুছ পীৰ
জাহানৰ কাষৰ ছিটখনতে বহিছিল। তেইছ চব্বিছ বছৰীয়া এজন যুৱক। কিন্তু তাক বয়সতকৈ
অধিক গম্ভীৰ যেন দেখা গৈছিল। সি যেন কিবা ভাবত বিভোৰ হৈ আছিল। ফলত পীৰ জাহান তাৰ প্ৰতি
কৌতুহলী হৈ উঠিল। সি কৌতুহলবশতঃ সুধিলে- আপুনি বাছত উঠাৰে পৰা যেন কিবা ভাবত বিভোৰ
হৈ আছে। কিবা সমস্যা হৈছে নেকি আপোনাৰ?
ফিৰদুছে হুমুনিয়াহ কাঢ়ি ক’লে- সেইবোৰ বহুত কথা,
ক'বলৈ গ'লে বহু সময়
লাগিব।
অসুবিধা আছে যদি ক'ব নালাগে। পীৰজাহানে সহানুভূতিৰ
সুৰত ক'লে- আপুনি অকলেই নেকি? নে
কোনোবা আছে আপোনাৰ লগত?
নাই কোনো নাই। ফিদুছে চমু উত্তৰ দিলে।
যাব ক’লৈ? পীৰজাহানে সুধিলে।
যুৱকজনে ক'লে- মই মন্দিয়ালৈ যাম।
ময়ো মন্দিয়ালৈ যাম। পীৰজাহানে ক'লে- মোৰ ঘৰ মন্দিয়াত। আপোনাৰ ঘৰ?
মোৰ ঘৰ নগাঁও জিলাৰ হোজাইত।ফিৰদুছে চমু উত্তৰ দিলে
।
মন্দিয়াত কাৰ ঘৰলৈ যাব?
বন্ধু এজনক লগ কৰিবলৈ আহিছো। ফিৰদুছে ক'লে- সি মোৰ সহপাঠী আছিল ।
পীৰজাহানে কিবা সুধিব খুজিছিল। এনেতে বাছ আহি
মন্দিয়া পালেহি। পীৰজাহান বাছৰ পৰা নামিবলৈ প্ৰস্তুত হ'ল। ফিছ ঠিক আগৰ দৰেই
নিৰ্বিকাৰভাবে বহি থাকিল।
পীৰজাহানে সুধিলে- ইয়াতে নামিব লাগিব। বাছ আগলৈ
নাযায় ।
ফিদুছে টোপনিৰ পৰা সাৰ পোৱাৰ দৰে চক্ খাই উঠি ক'লে- অ’নামিব লাগিব। আপুনি ইয়াতে নামিব নেকি?
হয়, মোৰ ঘৰ ইয়াৰ পৰা বেছি দূৰত নহয়। পীৰজাহনে ক'লে- আধাঘণ্টাৰ বাট। ইয়াৰে স্বাস্থ্যকেন্দ্ৰৰ ওচৰত মোৰ ফাৰ্মাচি আছে।
ফিৰদুছে সেমেনা-সেমেনি কৰি সুধিলে- ঠাইখনৰ নাম
মন্দিয়া নেকি?
ফ্ৰিছৰ কথাত পীৰজাহানে কৌতূহল অনুভৱ কৰি সুধিলে-
কিয়, আপুনি আগতে ইয়ালৈ অহা
নাছিল নেকি?
ফিৰদুছে কৈফিয়তৰ সুৰত ক'লে- ঠাইখনৰ নামহে
শুনিছিলো। সেয়াও এবাৰৰ কাৰণে। মোৰ সহপাঠীজন ইয়াৰে স্বাস্থ্যকেন্দ্ৰত
ফাৰ্মাচিষ্টৰ চাকৰি কৰে। ছমাহমান আগতে তাৰ লগত গুৱাহাটীত লগ হৈছিলো৷ তাৰ লগত মই
একেলগে ডি ফার্ম পঢ়িছিলো। দুর্ভাগ্যবশতঃ মই কোৰ্চ শেষ কৰিব পৰা নাই। ফাইনেল
ইয়েৰত মোৰ টাইফয়েড হৈছিল। গতিকে ফাইনেল পৰীক্ষা দিব পৰা নাছিলো। পাছত নানা কাৰণত
পৰীক্ষাটো আৰু দিয়া হোৱা নাই।
ফাৰ্মাচিষ্ট জনৰ নাম কি আছিল? পীৰ জাহানে সুধিলে।
আব্দুল আলিম। ফিৰদুছে চমু উত্তৰ দিলে ।
আব্দুল আলিম! পীৰজাহানে ক'লে- আপুনি আব্দুল আলিমক
বিচাৰি আহিছে নেকি? সি দেখোন দুমাহমান আগতে ইয়াৰ পৰা বদলি
হৈ গ'ল।
বদলি হৈ গ'ল মানে? ফিৰদুছৰ কাণত যেন কথাষাৰ
শেলৰ দৰে বাজিল। ক'লে - তেনেহ'লে
এতিয়া উপায়?
সি হাতঘড়ীটোলৈ চালে। সাত বাজি গৈছে। অচিন ঠাই।ইফালে
আব্দুল আলিম নাই। হাতত তেনেকৈ টকা-পইচাও নাই যে সি হোটেলত থাকিব! তথাপি সি মনৰ
দুৰ্বলতাখিনি পাৰেমানে লুকোৱাবলৈ চেষ্টা কৰি ক'লে- এতিয়াতো উভতি যোৱাটো সম্ভৱ নহ'ব, কিজানি! আলিম নাই যেতিয়া নিশাটো হোটেলতে কটাব
লাগিব। ইয়াত হোটেল আছে নেকি? সাধাৰণ হোটেল হ'লেই হ'ব। কোনোমতে নিশাটো পাৰ কৰিব পাৰিলেই হ'ল।
আপুনি হোটেলত থকাৰ দৰ্কাৰ নহ'ব। পীৰ জাহানে ক'লে- আলিমে মোক দেউতাকৰ দৰে শ্ৰদ্ধা কৰিছিল। মোৰ ল'ৰাৰ
দৰে আছিল সি। আজৰি সময়ত সি মোৰ ফাৰ্মাচীখনতে বহিছিল। আপুনিও মোৰ ল'ৰাৰ দৰে। ব’লক, আমাৰ ঘৰলৈ।
নিশাটো আমাৰ ঘৰতে কটাব পাৰিব ৷
(দহ)
পীৰ জাহানে ফিৰদুছক নিজৰ ঘৰলৈ লৈ আহিছিল।
ফিৰদুছে তাৰ জীৱনৰ কাহিনী পীৰ জাহানৰ আগত এইদৰে
বিৱৰি কৈছিল-
ফিৰদুছৰ জীৱন সংঘাতময়। ভাল পাৰ্চেণ্টেচ লৈ সি
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল। মেডিকেলত নাম ভৰ্তিৰ কাৰণে সি দুবাৰ
টেষ্ট পৰীক্ষাতো অৱতীৰ্ণ হৈছিল। প্ৰথম বাৰ বিফল হোৱাৰ পাছত সি দ্বিতীয়বাৰৰ কাৰণে
পৰীক্ষাত অৱতীৰ্ণ হৈছিল; কিন্তু সি দ্বিতীয়বাৰতো মেডিকেলত ছিট পোৱা নাছিল৷ অৱশ্যে সি ‘ডি ফাৰ্ম’ পঢ়াৰ সুযোগ পাইছিল। ডি ফার্ম ফাইনেল
ইয়েৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে তাৰ টাইফয়েড হৈছিল। তিনি মাহ পাছত সি ৰোগ মুক্ত হৈছিল যদিও
তাৰ মূৰৰ গণ্ডগোলে দেখা দিছিল। প্রায় দুবছৰ কাল সি চেৰা-বলিয়া হৈ অনাই-বনাই ঘূৰি
ফুৰিছিল।
দুই বছৰ পাছত ফিৰদুছ স্বভাৱিক অৱস্থালৈ ঘুৰি আহে।
কিন্তু তাৰ আৰু অধ্যয়ন কৰা নহ'ল। ইতিমধ্যে তাৰ দেউতাক ঢুকাইছিল। সি আছিল পৰিয়ালৰ
জ্যেষ্ঠ সন্তান ৷ তাৰ তলত এজনী ভনীয়েক আৰু এজন ভায়েক আছিল। ফলত সংসাৰৰ সকলো
দায়িত্ব তাৰ মূৰৰ ওপৰত পৰিছিল। সিহঁতৰ ঘৰৰ কাষতে এখন সৰু বজাৰ আছিল। সংসাৰখন
চলোৱাৰ কাৰণে সি সেই বজাৰত এখন ফাৰ্মাচী দিছিল। ফাৰ্মাচীৰ উপাৰ্জনেৰে চাৰিটা
প্ৰাণী ভালদৰেই খাই-বই আছিল।
কিন্তু এদিনৰ এটি ঘটনাই তাৰ জীৱনৰ পট্ সলনি কৰি
দিলে।
এদিন এজন ডেকা আহি তাৰ ফাৰ্মাচীত এটা বেগ থ’লে। আচলতে ডেকাজন আলফাৰ
সদস্য আছিল। ফ্ৰিব্ৰুছে অৱশ্যে তাক আলফা বুলি জনা নাছিল। এনেয়ে মুখৰ চিনাকি আছিল । কেতিয়াবা আহি তাৰ দোকানৰ পৰা দুই চাৰি
পদ ঔষধ কিনিছিল। ডেকাজনৰ বিষয়ে সবিশেষ জনা নাছিল যদিও কাষৰ গাঁৱৰ বুলি জানিছিল।
সেয়ে সি কোনো ধৰণৰ আপত্তি নকৰাকৈ বেগটো নিজৰ দোকানখনতে ৰাখি থৈছিল। কাৰণ তেনেকৈ
বহুতেই তাৰ দোকানত ইটো-সিটো বস্তু থৈ গৈছিল।
তিনি দিন পাছত খবৰ পোৱা গ'ল ডেকাজন এজন আলফা সদস্য।
আৰক্ষীৰ হাতত ধৰা পৰিছে। আৰক্ষী আহি ডেকাজনে থৈ যোৱা বেগটো তাৰ দোকানৰ পৰা উদ্ধাৰ
কৰিলে । বেগৰ ভিতৰত পিস্তল আৰু দহ জাঁই গুলী আছিল। সেই কেচত আৰক্ষীয়ে তাক
গ্ৰেপ্তাৰ কৰি লৈ গ'ল ৷ সি বহু কাকুতি- মিনতি কৰিলে যদিও আৰক্ষীয়ে তাৰ কথাত কর্ণপাত নকৰিলে ৷
তাক জে’ল হাজোতলৈ প্ৰেৰণ কৰিলে । দুই বছৰ পাছত সি জেলৰ পৰা মুক্ত হৈ ঘৰলৈ
আহিল। কিন্তু ঘৰলৈ আহি সি হতাশ হ'ল। ইতিমধ্যে তাৰ মাকৰ মৃত্যু হৈছিল। ভায়েকজন
লিখা-পঢ়া এৰি গাঁৱৰ ঘৰ-ভেটি বিক্ৰী কৰি দি চহৰলৈ গৈ অটো চলাই জীৱন নিৰ্বাহ কৰি
আছিল । ভনীয়েকজনী গাঁৱৰ এজন ডেকাৰ লগত পলাই গৈ বিয়াত বহিছিল৷
সি খুড়াকৰ ঘৰত নিশাটো কটাই পিছদিনা ভায়েকক
বিচাৰি গুৱাহাটীলৈ আহিল ৷
ভায়েকে তাক আদৰ আপ্যায়ন কৰি ৰাখিলে। সি পুনৰ
এখন ফাৰ্মাচি দিয়াৰ কথা ভাবিলে। এনেতে নগাওঁৰ কোনোবা এখন ঠাইত বম ব্লাষ্ট হ'ল। সেই কেচত আৰক্ষীয়ে তাক ধৰি নি পুনৰ জে’লত ভৰালে। ছমাহ হাজোত খটাৰ পাছত সি জে’লৰ পৰা মুক্ত হৈ পুনৰ
ভায়েকৰ ওচৰলৈ আহিল। কিন্তু ভায়েকে তাক এইবাৰ সহজভাবে গ্ৰহণ নকৰিলে । তাক আশ্রয় দিলে কোনোবাদিনা আৰক্ষীয়ে
তাকো ধৰি নিব পাৰে বুলি সি আশ্রয় দিবলৈ অস্বীকাৰ কৰিলে। এনেতে এদিন হঠাৎ তাৰ
সহপাঠী আব্দুল আলিমৰ লগত দেখা হৈ গ'ল। মন্দিয়া নতুনকৈ গঢ় লৈ উঠা জনপদ। নতুনকৈ
স্বাস্থ্যকেন্দ্র স্থাপন হৈছে। ফাৰ্মাচি দিলে ভালদৰে চলিব বুলি আলিমে তাক জনালে।
আলিমে নিজেই ফাৰ্মাচি এখন দিয়াৰ কথা ভাবি আছে। কিন্তু চাকৰি কৰি ফাৰ্মাচি চলোৱা
সম্ভৱ নহয় বুলি সি ফার্মার্চিখন দিয়া নাই। ফিছ তাৰ লগত থাকিলে সি ফার্মাচিখন দিব
বুলি আশ্বাস দিলে। যদি সম্ভৱ হয় সি আলিমৰ ফাৰ্মাচিখনতে থাকিব বুলি আব্দুল আলিমক
বিচাৰি মন্দিয়ালৈ আহিছে।
পীৰজাহানৰ ফাৰ্মাচিৰ কাৰণে মানুহ এজনৰ প্ৰয়োজন
আছিল। সেয়ে সি প্ৰস্তাৱ আগবঢ়ালে- আপত্তি নাথাকিলে আপুনি মোৰ ফাৰ্মাচিতে থাকিব
পাৰিব। মোৰ মানুহৰ প্ৰয়োজন আছে।
ফিৰদুছে আপত্তি কৰা নাছিল আৰু পীৰজাহানৰ
ফাৰ্মাচিতে থাকি গৈছিল।
ফিৰদুছ লাহে লাহে ববিতাহঁতৰ পৰিয়ালৰে এজন হৈ
পৰিল। ইফালে ববিতাহঁতৰো কোনো ভাই-ককাই নাছিল। গতিকে ববিতাহঁতে ফ্ৰিদুছকে নিজৰ
ককায়েক হিচাপে গ্ৰহণ কৰিলে। ফ্ৰিব্ৰুছে নিজেও অমায়িক ব্যৱহাৰেৰে ঘৰখনৰ আটাইকে
আপোন কৰি ল'লে ।
বহিবলৈ ঠাই পালে শুৱলৈও ঠাই লাগে। ফিৰদুছেও
তেনেকুৱা নীতি অৱলম্বন কৰিলে। সি ববিতাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি তাইক বিয়া
কৰোৱাৰ কথা ভাবিলে।
এদিন ববিতাই সিহঁতৰ ঘৰৰ সন্মুখত থকা বকুলজোপাৰ
তলত থিয় দি আছিল। ফ্ৰিব্ৰুছে বাৰাণ্ডাত বহি ববিতাৰ ৰেহ-ৰূপ প্ৰত্যক্ষ কৰি আছিল।
ববিতাক তেতিয়া প্ৰায় পটৰ ছবিৰ দৰে দেখা গৈছিল। মানৱী নহয় যেন কোনোবা
ফুলকুঁৱৰীহে বকুলজোপাৰ তলত থিয় দি আছে। ফিদুছ চঞ্চল হৈ উঠিল। সি বহাৰ পৰা উঠি
লাহে লাহে ববিতাৰ কাষলৈ গৈ সুধিলে- কি কৰিছা ?
বকুলৰ সুবাসে ঠাইডোখৰ মল্মলাই আছিল। ববিতাই
দীঘলকৈ উশাহ টানি বকুলৰ সুবাস লৈ ক'লে-বকুল ফুলৰ সুবাস লৈ আছো। বৰ ভাল সুবাস নহয়নে
ককাইদেউ ?
নিশ্চয়।ফিৰদুছে ক’লে- বকুলৰ সুবাস মদিৰাৰ দৰে। এই সুবাসে ভোমোৰাক আকৰ্ষণ কৰে। মানুহৰ
মন-প্রাণ পুলকিত কৰি তোলে। যৌৱন উতলা কৰে। কি মই মিছা কৈছো নেকি?
ববিতাই ফিৰদুছৰ ফালে চালে। ফিদুছক তাই ককায়েকৰ
দৰে শ্ৰদ্ধা কৰে। ফ্ৰিব্ৰুছেও তাইক ভনীয়েকৰ দৰে মৰম চেনেহ কৰে। সেয়ে ফিছৰ মুখত
কাব্যিক ভাষা শুনি তাই কিছু পৰিমাণে বিমোৰত পৰিল। তাই লক্ষ্য কৰিলে, ফিছৰ ওঁঠত হাঁহিৰ ৰেখা
আৰু চকুত দুষ্টালি ভৰা চাৱনি । সেই হাঁহি আৰু চাৱনিৰ মাজত তাই বিশেষ এক ধৰণৰ আবেদন লক্ষ্য কৰিলে।
এন্ধাৰৰ মাজত বস্তু এপদ পৰি থাকিলে, পোহৰ পৰাৰ লগে লগে যেনেকৈ দৃশ্যমান হৈ উঠে ঠিক সেইদৰে
ফিৰদুছৰ মনৰ গভীৰত লুকাই থকা বিশেষ আবেদন তাইৰ চকুৰ আগত দৃশ্যমান হৈ উঠিল। ভৰ
যৌৱনা তাই। তাইৰ দেহৰ কোঁহে কোঁহে তেতিয়া নৱযৌৱনৰ পোহাৰ। ভাল-বেয়া বিবেচনা কৰাৰ
বয়স তাইৰ তেতিয়াও হোৱা নাছিল। জুই দেখিলে চগা জাহ যোৱাৰ দৰে তেতিয়া তাইৰ যৌৱনৰ
জুইত জাহ যোৱাৰ বয়স । ভোমোৰাৰ গুণ গুণ গীতত ফুলৰ বুকুত শিহৰণ জগাৰ দৰে ফিদুছৰ চকুত আবেদন
ভৰা চাৱনি দেখি তাইৰ দেহ-মন শিহৰিত হৈ উঠিল।
ববিতাই ওঁঠৰ কোণত হাঁহিৰ ৰেখা বিৰিঙাই লাজ মিহলি
কণ্ঠত ক’লে- ধেৎ, কিযে কোৱা ককাইদেউ ! মই একো ভবা নাই। এনেয়ে থিয় দি ফুলৰ সুবাস উপভোগ কৰি
আছো ৷
ফিৰদুছে ক’লে- এই বয়সত ফুলৰ সুবাস, আকাশৰ
জোন-তৰা চাই মনত পুলক জাগেই। আৰু জগাটো তেনেই স্বাভাৱিক। ইয়াত লাজ কৰিব লগা কি
আছে! এয়া যৌৱনৰ ধৰ্ম।
খন্তেকৰ কাৰণে উভয়ে নীৰৱ ৷ কাৰো মুখত মাত-বোল
নাই। ভাবৰ লহৰে উভয়ৰ মনত খলকনি তুলিলে। ইজনে-সিজনৰ ফালে অনিমেষ দৃষ্টিত চাই ৰ’ল কেইটামান মুহূৰ্ত। ববিতাই তন্ময়তা ভাঙি ক’লে- তেনেকৈ কি চাইছা?
ফিৰদুছে কোনো ধৰণৰ ভূমিকা নকৰাকৈ ৰহস্যময় হাঁহি
মাৰি ক'লে- তোমাৰ বাহিৰে ইয়াত
দেখোন বেলেগ কোনো নাই। গতিকে কাকনো চাম! তোমাকে চাইছোঁ।
মোক জানো ইয়াৰ আগতে দেখা নাছিলা?
দেখিছিলো, কিন্তু আজি অলপ বেলেগ ধৰণে দেখিলো৷
বেলেগ ধৰণে দেখিলা, মানে? ববিতাৰ
মুখমণ্ডল ৰক্তিম হৈ উঠিল।
কিমান ডাঙৰ হৈছা তাকে দেখিলো। ফিছে ববিতাৰ ৰক্তিম
মুখমণ্ডলৰ ফালে দৃষ্টি নিৱদ্ধ কৰি আচ্ছন্নৰ দৰে কৈ গ'ল- তোমাক মই আগতেও দেখিছো,
কিন্তু আজি অলপ বেলেগ ধৰণে দেখিলো। ফুলৰ প্ৰতি আটায়ে আকর্ষণ অনুভৱ
কৰে। শিশু-বৃদ্ধ-যুৱা সকলোৱে। কিন্তু ফুলৰ সৌন্দৰ্য সদায় উপভোগ কৰাৰ মানসিকতা
নাথাকে । কাৰণ ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ হ'লে বিশেষ মনৰ প্ৰয়োজন হয়।
কিন্তু সদায় সেই মন নাথাকে। আজি তোমাক দেখি মই সেই মন বিচাৰি পাইছো। গতিকে আগতে
তোমাক বহুবাৰ দেখিছো যদিও মোৰ অনুভৱ হৈছে আজিহে যেন তোমাক প্রথম দেখিলো।
ফিৰদুছৰ কথাত ববিতাই পুলক অনুভৱ কৰিলে। তাই যেন
ফিছক নতুনকৈ আৱিস্কাৰ কৰিলে। ফিদুছে কি ক'ব খুজিছে সেয়াও তাই উপলব্ধি কৰিব পাৰিলে। ইমান দিনে
তাই বহু পুৰুষৰ সংগ লৈ আহিছে। ঘৰত-স্কুল-কলেজ-ৰাস্তা-ঘাটত। বহুতেই চকুৰ ভাষাৰে,
মুখৰ অংগী-ভংগীৰে, চকুৰ ঠাৰেৰে তাইক বহুবাৰ
বহু কথা কৈছে, কিন্তু কোনেও কোনোদিন তাইক স্পষ্টভাবে মনৰ কথা
খুলি কোৱা নাই। সেয়ে সিহঁতৰ প্ৰতি তাই আকর্ষণ অনুভৱ কৰিলেও সেই আকর্ষণে তাইৰ
দেহ-মনত আলোড়ন তুলিব পৰা নাই। কিন্তু ফিছৰ স্পষ্ট ভাষাই তাইক আলোড়িত কৰি তুলিলে।
কিন্তু পাছমুহূৰ্ততে তাই সজাগ হৈ উঠিল।
তাইৰ সহপাঠী বান্ধৱী এজনীৰ কথা মনত পৰি গ'ল। ভালপোৱাৰ অভিনয় কৰি
এজন ল'ৰাই তাইৰ কুমাৰীত্ব হৰণ কৰিছিল। সেই মিলনত তাইৰ পেটত
অবৈধ ভ্রূণ থিতাপি লৈছিল। কথাটো প্রেমিক ডেকাজনক জনোৱাত সিদিনাই সি গাঁও এৰি পলাই
গৈছিল। শেষত লোকনিন্দাৰ পৰা হাত সাৰিবলৈ তাই আত্মহত্যা কৰিছিল ।
কথাটো মনত পৰাৰ লগে লগে ববিতাই ক'লে- তুমি এইবোৰ কি কৈছা
ককাইদেউ ? মানুহে শুনিলে কি বুলি ক’ব?
তোমাক মই ককায়েকৰ দৰে শ্ৰদ্ধা কৰো৷ মোৰ ক্ষেত্ৰত তুমি এইবোৰ কথা
কেনেকৈ ক'ব পাৰিলা? মই খুউব দুখ পালো
তোমাৰ কথা শুনি ।
নাৰীয়ে পুৰুষৰ প্ৰশংসা শুনি ভাল পায়! ফিৰদুছে
ভাবিছিল, ববিতাক প্ৰশংসা কৰিলে তাই
নিশ্চয় তাৰ প্ৰতি আকৃষ্ট হ'ব। কিন্তু হ’ল ওলোটাটোহে। সেয়ে সি প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে-
ধেৎ, পাগলী! ঠাট্টাও বুজি নোপোৱা নেকি? মই তোমাক ঠাট্টাহে কৰিছো। তুমি কথাটো ইমান ‘ছিৰিয়াছলি’
ল’লানে ?
হ'ব বাৰু। ববিতাই ক’লে- কোনোদিন
এনেকুৱা ঠাট্টা নকৰিবা ।
এইদৰে কৈ ববিতা তাৰ পৰা আঁতৰি আহিছিল।
সিহঁতৰ এই কথোপকথন মাছুমা বেগম মানে ববিতাৰ মাকৰ
কাণতো পৰিছিল। তাই ভাবিলে, আজি ববিতাই ফিছৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিলে ও পাছত কেতিয়াবা যে তাৰ চলাহী
কথাত ভোল নাযাব তাৰ কি নিশ্চয়তা আছে! সেয়ে তাই কথাটো গিৰিয়েকক জনালে- হেৰি,
কথা এষাৰ ক’ব খুজিছো। কিন্তু ক'বলৈ ভৰসা পোৱাৱ নাই। ক'ব পাৰিম নেকি?
কোৱাচোন কি কথা? পীৰজাহানে ক'লে- ভূমিকা কৰাৰ কি প্রয়োজন? কি ক’বা, পোনপটীয়াভাবে কৈ পেলোৱাচোন।
মাছুমা বেগমে অকনমান কাষ চাপি আহি ক'লে- কথা মানে.....
কি মানে মানে কৰি আছা? পীৰজাহানে কৃত্রিম খং
প্রকাশ কৰি ক'লে- কি ক’বা খোলা-খুলিকৈ
কোৱা।
মাছুমা বেগমে সেপ ঢুকি ক’লে- কথা মানে, ববিতাৰ বিষয়ে কিবা ক'ব খুজিছো। কথাটো গুৰুত্ব দি
শুনিব।
গুৰুত্ব দিয়ে শুনি আছো, কোৱা ।
মাছুমা বেগমে ৰহস্যময় ভংগীত ক'লে- ফিছৰ মতি-গতি কিন্তু
ভাল দেখা নাই। এইদৰে কৈ তাই আবেলি ববিতা আৰু ফিছৰ মাজত হোৱা কথা-বতৰা বিৱৰি কৈ ক'লে- জুই আৰু চগা। আজি ববিতাই ফিছৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিলেও পাছত কোনোবা
দিনা যে সঁহাৰি নিদিব তাৰ কি নিশ্চয়তা আছে! জুই আৰু মমবাতি। একেলগে থাকিলে গলিবই।
যদি তেনেকুৱাই কিবা এটা হয় ! আপুনিতো ফার্মাচালৈয়ে ব্যস্ত হৈ থাকে। ঘৰখনত ক’ত কি হৈছে আপুনি তাৰ পুলি-পোখাৰ বিষয়ে কি জানিব ! ববিতা এতিয়া গাভৰু
হৈছে। আৰু পঢ়ুৱাব নালাগে ৷ ল'ৰা এজন চাই গতাই দিয়াৰ
ব্যৱস্থা কৰক ৷ নহ'লে নাক-কাণ কটা যাবলৈ আৰু বেছি পৰ
নালাগিব। ক'ৰ পৰা আনি আপদ এটা চপাই লৈছে, এতিয়া আমাৰ নাক-কাণ কাটিহে এৰিব! সকলো জঁটকোটৰ মূল সিয়ে। কথাতে আছে নহয়,
অচিন কাঠৰ থোৰা নলগাবা ! কিবা হ'লে, মই কিন্তু সঁচতো নাই, মচতো নাই।
থকাৰ দৰ্কাৰো নাই! পীৰজাহানে কথাটো লঘুভাবে লৈ ক'লে- তেনেকুৱা কিবা এটা হলে
কিনো বেয়াটো হ'ব! ল'ৰাজন কৰ্মঠ।
বিশ্বাসী। অমায়িকো। গুৰু-গোসাঁই মানি চলা ল'ৰা। আমাৰ ল'ৰা সন্তান নাই। গতিকে যদি তাৰ মন খায়ে থাকে কিনো বেয়াটো দেখিলা?
পীৰজাহানৰ গা এৰা বিধৰ কথাত মাছুমা বেগম জিকাৰ খাই
উঠিল- হৈছে, হৈছে! এনেকুৱা কথা ক'বলৈ আপোনাৰ লাজ নালাগিল নে?
জাত-কূল নজনা ল'ৰা এটাৰ লগত প্ৰথমজনী ছোৱালী
বিয়া দিম নেকি? আত্মীয় স্বজনে জাত-কূলৰ কথা সুধিলে কি বুলি
ক'ব!
আমাৰ মুছলমানৰ মাজত আকৌ কোনদিনাৰ পৰা জাত-পাত
দেখিবলৈ আৰম্ভ কৰিলা। মুছলমানে জাত-পাতৰ বিচাৰ নকৰে। কৰ্মৰহে বিচাৰ কৰে।
জাত-পাত মানে মই সেই জাত-পাতৰ কথা কৈছো নেকি !
মাছুমা বেগমে খঙেৰে সৈতে ক’লে- তাৰ পূৰ্বপুৰুষৰ বিষয়ে জনাটো উচিত হয় নে নহয় । যদি তাৰ পূৰ্বপুৰুষসকল চোৰ বদমাচ আছিল।
তাৰ ব্যৱহাৰ চাই তেনেকুৱা কিবা সন্দেহ হৈছে নেকি? পীৰ জাহানে ক’লে- মোৰ কিন্তু তাৰ বিষয়ে কোনো সন্দেহ নাই।
মাছুমা বেগমে মনৰ সংশয় প্রকাশ কৰিলে- আপুনি
ঔষধহে চিনি পায়। মানুহৰ মনৰ গম-গতি কেনেকৈ পাব! সিযে দুবাৰ জে’ল খাটিছে, এয়াতো মিছা নহয় !
অৱশ্যে হয়, সি দুবাৰ জেল খাটিছে! পীৰ জাহনে ক’লে- কিন্তু চুৰি-ডকাইতি
কৰি নহয়। তাৰ সৰলতাৰ কাৰণে সি জে’ল খাটিছে। এই বিষয়ে দেখোন
সি সকলো কথা ভাঙি-পাতি কৈছেই। তোমালোক তিৰোতা মানুহবোৰ আচলতেই সন্দেহপ্ৰৱণ । কেঁচুটোকে সাপটো যেন দেখা! কথাবোৰ কিয়
ইমান জটিলভাবে চিন্তা কৰা! সহজভাবে ভাবিবলৈ যত্ন কৰাচোন। ফিছে কোৱা কথাবোৰ চোন মই
মিছা বুলি ভবাই নাই কোনোদিন৷
নিজৰ মনৰে মানুহৰ মন জুখিবলৈ চেষ্টা নকৰিবা।
মাছুমা বেগমে খঙেৰে সৈতে ক’লে- ল'ৰাজনে নিজ মুখে জে’ল খটা
বুলি স্বীকাৰ কৰিছে ! তুমি খবৰ কৰিব নালাগিছিল নেকি, সি কোৱা
কথাবোৰ কিমান সঁচা! বেয়া মানুহৰ সংগী বেয়াই হয়। সি কিজানি আলফাৰে মানুহ।ইয়াত হয়তো
কিবা উদ্দেশ্য লৈ আহিছে!
পীৰজাহান এজন সহজ-সৰল মানুহ। সংসাৰৰ কূটিলতা সি বুজি নাপায়। তাৰ মতে নিজে ভাল হ'লেই জগত ভাল। আচলতে পীৰজাহানে মনে মনে ফিছৰ লগত ববিতাৰ
বিয়াৰ কথা ভাবি আছিল। ক’তনো আৰু দৰা বিচাৰি ফুৰিব ! দা নিজে
আহি যাচি ধৰা দিয়াত সি পেটে পেটে ভালেই পাই আছিল। ইফালে ফার্মাৰ্চিটোও ফিদুছ অহাৰ
পৰা আগতকৈ ভালদৰে চলি আছে। হিচাপ-পাতিও চাফা। ক’তো কোনো
গণ্ডগোল নাই। তথাপি তাক দৰমহা দিব নালাগে । ভাত-কাপোৰ আৰু হাত খৰচৰ কাৰণে কিবা এটা
দিলেই হয়৷
গতিকে পীৰ জাহানে ফিছক সমৰ্থন কৰি ক'লে- তাৰ একো উদ্দেশ্য নাই।
কিবা কৰিলে ইমানদিনে কৰিলেহেঁতেন।
বাদ দিয়ক সেইবোৰ! মাছুমা বেগমে ক’লে- মই অচিন কাঠৰ থোৰা
লগাবলৈ নিদিও। এয়াই মোৰ শেষ কথা। ল'ৰাজনৰ চকুও ভাল নহয়। সি
নিশ্চয় ববিতাৰ লগত কিবা অঘটন ঘটাব।
ববিতাই খিড়িকিৰ কাষত থিয় দি মাক-দেউতাকৰ কথাবোৰ
শুনি আছিল। তাই সিদিনাৰ পৰা মনে মনে সিদ্ধান্ত লৈছিল, ফিছৰ কোনো কথাতে তাই ভোল
নাযায় ! ঠিক ইয়াৰ মাজতে তাইৰ মিৰণৰ লগত পৰিচয় আৰু সিহঁতৰ মাজত ভালপোৱাৰ সম্পৰ্ক
গঢ় লৈ উঠে!
মৌচুমীয়ে নীৰৱতা ভংগ কৰি ক'লে- মনে মনে থাকিলিযে! মনে
মনে কি ভাবি আছ?
ববিতাই চক্ খাই উঠি ক'লে- একো ভবা নাই দেখোন ৷
মৌচুমীয়ে ক'লে- নিশ্চয় ভাবিছ! পুৰণি স্মৃতিয়ে মনটোক আমনি কৰি
আছে নহয়নে?
এয়া তোৰ মনৰ ভ্ৰম। ববিতাই ক'লে- মই একো ভবা নাই।
নিশ্চয় ভাবিছ। মৌচুমীয়ে অভিযোগৰ সুৰত ক'লে- আচলতে তই স্বীকাৰহে
কৰিবহে খোজা নাই।
ববিতাই পৰোক্ষভাবে কথাটো স্বীকাৰ কৰিলে- বিশেষ
পৰিস্থিতিত পুৰণি ঘাঁবোৰ কেঁচা হৈ পৰে। সেয়ে পুৰণি স্মৃতিবোৰ যিমানে পাহৰি থাকিব
পাৰি সিমানইে মংগল ৷
মইতো সেইবোৰ কথা পাহৰিয়ে গৈছিলো। মৌচুমীয়ে
অভিযোগৰ সুৰত ক'লে- তছলিমেহে কথাবোৰ মনত পেলাই দিলে। তাৰ আচল পৰিচয় নোপোৱালৈকে মই
শান্তিৰে শুৱ নোৱাৰিম।
তই কথাটো লৈ বৰ ছিৰিয়াছ হৈছ। ববিতাই ক'লে- ইমান ছিৰিয়াছ হোৱাৰ
দৰ্কাৰ নাই। তাক কথাটো সুধিলেই আচল কথা ওলাই পৰিব ।
ঃ তছলিমক লগ পালে তই কথাটো সুধিবি কিন্তু।
নিশ্চয় সুধিম।মৌচুমীয়ে প্ৰসংগটো সিমানতে
সামৰিবলৈ ক'লে- ব’ল, চাহ খাওঁগৈ। চাহ খালে
মনটো সতেজ হৈ উঠিব।
আজি আৰু চাহ নাখাও। মৌচুমীয়ে ক'লে- দেৰীয়ে হ’ল।
ববিতাই ক'লে- একো নহয় ৷ চাহ বনাওঁতে আৰু কিমান পৰ লাগিব !
মৌচুমীৰ আপত্তি নৰজিল। তাই বহাৰ পৰা উঠি ববিতাৰ
লগত পাক ঘৰৰ ভিতৰলৈ সোমাই গ'ল ।
এঘাৰ
দুদিনমান পাছৰ কথা। মৌচুমীয়ে ডিউটি শেষ কৰি
ববিতাহঁতৰ ঘৰলৈ আহিল।
ববিতাই ক'লে- তছলিমক লগ পাইছিলি নেকি?
নাই পোৱা। মৌচুমীয়ে ক'লে- আচলতে এই কেইদিন
দুবেলা ডিউটি আছিল। সময়ে উলিয়াব পৰা নাই। আজি সময় উলিয়াই তাৰ অফিচলৈ গৈছিলো,
কিন্তু সি অফিচত নাই। ফিল্ডত আছে হেনো ! সি তহঁতৰ ইয়ালৈ আহিছিল
নেকি?
নাই অহা। ববিতাই ক'লে- আহিলেতো সুধিলোৱেহেঁতেন।
সি আমাৰ লগত লুকা-ভাকু খেলি থকা নাইতো? মৌচুমীয়ে ক'লে- তছলিমৰ প্ৰকৃত পৰিচয় নুপোৱালৈকে মোৰ শান্তি নাই।
ইমান অধৈৰ্য হৈছ কিয়? ববিতাই ক'লে- ধৈর্য ধৰ। ধৈৰ্যৰ ফল সদায় মিঠা।
তেনেহ'লে মিঠা চাহ একাপকে খুওৱা। মৌচুমীয়ে ক'লে- ডিউটিৰ পৰা ওলাই তছলিমক লগ ধৰিবলৈ সিহঁতৰ অফিচলৈ গৈছিলো। তাক অফিচত লগ
নাপাই পোনে পোনে ইয়ালৈ আহিছো।
দুয়ো চাহ খাই আহি বাৰাণ্ডাত বহিছিলহে মাথোন
এনেতে গেট খুলি তছলিম চৌহদৰ ভিতৰলৈ সোমাই আহিল । তছলিমক দেখি মৌচুমীয়ে ঠাট্টাৰ সুৰত ক'লে- আৰে, মেঘ নুখোজোতেই দেখোন বৰষুণ। আহক, আহক। কিছু সময়
আগতে আমি আপোনাৰ কথাই আলোচনা কৰি আছিলোঁ। আপুনি বহু দিন জীয়াই থাকিব !
তছলিমে সিহঁতৰ কাষলৈ আহি ক'লে- মোৰ কথা আলোচনা কৰি
আছিল মানে? মই তেনেকুৱা কি আলোচনাৰ কাম কৰিলো?
তছলিম বাৰাণ্ডালৈ উঠি আহিল ৷
ববিতা বহাৰ উঠি থিয় দি ক'লে- ভিতৰত বহিব, নে ইয়াতে বহিব?
তছলিমে ক'লে- বাৰাণ্ডাতে বহো নেকি? বাৰাণ্ডাত
বহিলেই ভাল লাগিব ৷
ববিতাই নিজৰ চকীখনৰ ফালে আঙুলিয়াই ক'লে- আপুনি মোৰ চকীখনতে
বহক। মই বেলেগ এখন চকী আনি আছো।
ববিতা কোঠালিৰ ভিতৰলৈ সোমাই গ'ল।
তছলিমে চকীত বহি ক’লে- এতিয়া কওঁক, কি আলোচনা কৰি আছিল? বদনামতো গাব পাৰে! এতিয়া মোক
দেখি সুৰ সলনি কৰিছে কিজানি !
চোৰৰ মন সদায় পুলিচ পুলিচ। মৌচুমীয়ে ঠাট্টাৰ
সুৰত ক'লে- আপুনি আমাৰ বদনাম গাই
আহিল হ’বলা?
ববিতাই চকী এখন লৈ বাৰাণ্ডালৈ ওলাই আহি ক'লে- এতিয়ালৈকে ভালদৰে
পৰিচয়ে হোৱা নাই, এতিয়াই ঠাট্টা কৰিবলৈ আৰম্ভ কৰিলি!
আৰে, ইয়াত ঠাট্টাৰ কি দেখিলা? মৌচুমীয়ে
ক'লে- যি সঁচা কথা তাকে কৈছো। এওঁ জানো আমাৰ লগত চোৰ পুলিচ
খেলা নাই !
তছলিমে বিব্ৰত কণ্ঠত ক’লে- চোৰ পুলিচ ! মই কি চোৰ
পুলিচ খেলিলো?
আপোনাৰ মনকে প্রশ্ন কৰক। মৌচুমীয়ে হাঁহি মাৰি ক'লে- উত্তৰ পাই যাব।
মই কিন্তু সঁচাকৈয়ে আপোনাৰ কথা বুজা নাই! তছলিমে
বিব্রত কণ্ঠত ক’লে
সময়ত সকলো বুজি পাব। মৌচুমীয়ে লগে লগে প্ৰসংগ
সলনি কৰি ক'লে- এনেয়ে ঠাট্টা কৰিছো। আপুনি ঠাট্টাও বুজি নাপায় নেকি ! এতিয়া কওঁক । মোৰ বিষয়ে কি বদনাম গাই আহিল?
বদনাম! তছলিমে বাধা দি কৈ উঠিল- বদনাম নহয়, প্রশংসাহে কৰি আহিলো। আৰিফাহঁতৰ পৰিয়ালেও আপোনাৰ ব্যৱহাৰ পাতি
ভাল পাইছে।
আৰিফা! মৌচুমীয়ে ক'লে- কোন আৰিফা?
আপুনি পাহৰিলেই নেকি? সিদিনা যে আপুনি মূৰত
বেণ্ডেজ বান্ধি দিলে !
অ' মনত পৰিছে। মৌচুমীয়ে ক'লে-
সিহঁতক আপুনি ক’ত লগ পালে?
মই আজি সিহঁতৰ ঘৰলৈ গৈছিলো। তছলিমে ক'লে- মই সিহঁতৰ ঘৰৰ পৰা আহি
আছো। আপোনালোকক দেখি সোমাই আহিলো।
সিহঁতৰ বিষয়টো মীমাংসা কৰিব পাৰিলে জানো ?
নিশ্চয়। তছলিমে গৰ্বেৰে সৈতে ক’লে- আৰিফাক কিছুদিনৰ
ভিতৰতে ৰছিদহঁতৰ ঘৰলৈ নিব। মোৰ লগতে আপুনিও নিমন্ত্ৰণ পাব! বিয়াৰ দিন-বাৰ ঠিক হ'লেই আপোনক নিমন্ত্ৰণ জনাবলৈ আহিব। ৰছিদে তেনেকৈয়ে কৈছে।
ইমান সময় ববিতাই সিহঁতৰ কথা-বতৰা মনে মনে শুনি
আছিল। কিন্তু কোনো আঁতিগুৰিপোৱা নাছিল । সেয়ে তাই উৰহীৰ ওৰ উলিয়াবলৈ সুধিলে- কি
নিমন্ত্ৰণৰ কথা কৈছে? মই কিন্তু একো বুজিব পৰা নাই !
আপুনি ঘটনাটো জানিলেহে বুজিব পাৰিব। তছলিমে এইদৰে
কৈ ঘটনাটো ভাঙিপাতি ক'লে।
ববিতাই উৰহীৰ ওৰ পাই ক'লে- ৰছিদহঁতৰ ঘৰখনে তেনেহ'লে আৰিফাক নিবলৈ সন্মত হৈছে?
সাপ-নেউলৰ সম্পৰ্কৰ্ক আপুনি কি যাদুৰ বলত
বন্ধুত্বলৈ সলনি কৰিলে? মৌচুমীয়ে সুধিলে।
কৰিলোঁ কেনেবাকৈ। তছলিমে ক'লে- প্ৰথমাৱস্থাততো কোনেও
বিশেষকৈ ৰছিদহঁতৰ পৰিয়ালে কথাটো মাটিতে পৰিব নিদিয়ে। মই তেতিয়া কথাটো বুজাই ক’লো- চাওঁক, সিহঁত হালৰ মন খাইছে যেতিয়া আপোনালোকেনো
কিয় সিহঁতৰ মিলনত হেঙাৰ হ'ব খুজিছে! সিহঁত সাবালক হৈছে।
সিহঁতে যদি কেচ কৰে, আপোনালোক বিপদত পৰিব। যদি আপোনালোকৰ
কাৰণে সিহঁতৰ মিলন নহয় আৰু সিহঁতৰ কোনোবা এজনে যদি আত্মহত্যা কৰে তেনেহ'লে আপোনালোকৰ অসুবিধা হ'ব পাৰে। এইদৰে বহু কথা বুজাই
কোৱাৰ পাছতহে সন্মত হৈছে। উভয় পক্ষই আলোচনা কৰি দুই এদিনৰ ভিতৰতে বিয়াৰ দিনবাৰ
ঠিক কৰিব বুলি কৈছে।
ববিতাই মন্তব্য কৰিলে- আপুনি কিন্তু বৰ ভাল কাম
এটা কৰিলে। কিন্তু মই বুজিব নোৱাৰোঁ, প্ৰতিটো প্ৰেমৰ বাটত অভিভাৱকসকল হেঙাৰ হৈ থিয় দিয়ে
কিয়?
অভিভাৱকে কৰ্তৃত্ব হানি হোৱা বুলি ভাবে হয়তো!
তছলিমে এইদৰে মন্তব্য কৰি ক'লে- কিন্তু এটা কথা, প্ৰথমাৱস্থাত
মানি নল'লেও অন্ততঃ নিৰানব্বৈ শতাংশ পৰিয়ালে শেষত মানি ল'বলৈ বাধ্য হয়। অন্ততঃ নাতি-পুতি হোৱাৰ পাছত ।
আৰিফাহঁতৰ ক্ষেত্ৰত অভিভাৱকে ঠিকেই সিদ্ধান্ত
লৈছিল । মৌচুমীয়ে মন্তব্য কৰিলে- অভিভাৱকক নজনোৱাকৈ সিহঁতে কিয় বিয়া
পাতিবলৈ গ'ল ! বিয়া পতাৰ ক্ষেত্ৰত অভিভাৱক সন্মত নহ'লে
তেতিয়া অৱশ্যে বেলেগ কথা আছিল ! অভিভাৱকে কি কৰিব সেয়া নজনাকৈয়ে সিহঁতে
সিদ্ধান্ত লৈয়ে পেলালে ! অভিভাৱকক জনালে হয়তো সিহঁতে বিয়া পাতিয়ে দিলেহেঁতেন !
আপুনি অৱশ্যে কথাটো ঠিকেই কৈছে। তছলিমে মৌচুমীক
সমৰ্থন কৰি ক'লে- ৰছিদহঁতে অভিভাৱকক নজনোৱাকৈ এনেকুৱা কৰিব নালাগিছিল ।
ববিতাই ক’লে- তেনেহ'লে আপোনালোকে
নিমন্ত্রণ পালেহেঁতেন জানো! কিছুমান কথা হঠাৎ হৈ যায়। তাত কৰ্তাৰ নিয়ন্ত্ৰণ
নাথাকে। ঠিক আছে, প্ৰসংগটো ইমানতে সামৰণি মাৰক। আপোনালোক বহক,
মই অলপ চাহ-পানীৰ ব্যৱস্থা কৰোগৈ ৷ আজি কিন্তু আপত্তি নকৰিব,
সিদিনাও চাহ নুখোৱাকৈ গৈছে। সুদা মুখৰে অতিথিক বিদায় দিলে গৃহস্থৰ
অমংগল হয়।
তছলিমৰ সন্মতিলৈ অপেক্ষা নকৰি ববিতা চাহ বনোৱাৰ
কাৰণে পাকঘৰলৈ গ'ল।
তছলিম আৰু মৌচুমী। দুয়ো কিছুপৰ নীৰৱ । কাৰো মুখত কথা নাই। মৌচুমীয়ে ভাবিছে, তছলিমে কিবা ক'ব আৰু তছলিমে ভাবিছে, মৌচুমীয়ে ক’ব!
অৱশেষত তছলিমেই নীৰৱতা ভংগ কৰিলে । ক'লে- একো দেখোন কোৱা নাই? কি ভাবি
আছে?
আপোনাৰ কথাকে ভাবি আছো। মৌচুমীয়ে অর্থপূৰ্ণ
হাঁহি মাৰি ক'লে ৷
উচাপ্ খাই উঠি তছলিমে ক’লে- মোৰ কথা! পাছমুহূর্ততে
সি নিজক চম্ভালি কথাটো সহজভাবে লৈ ক'লে- মোৰ কথা ভবাৰো যে
মানুহ আছে, শুনি বৰ সন্তোষ পালো ৷
ভাল লগাই কেতিয়াবা কিন্তু ভালপোৱাৰ ৰূপ লয়।
মৌচুমীয়ে ৰহস্যময় হাঁহি মাৰি ক'লে।
যদি তেনেকুৱা কিবা এটা হয়, মই নিজকে ধন্য মানিম।
তছলিমে ঠাট্টাৰ সুৰত এইদৰে মন্তব্য কৰি ক'লে- কিন্তু ভয় হয়,
শেষত যদি প্রতিপক্ষৰ সঁহাৰি পোৱা নাযায়, তেতিয়া
কিন্তু আত্মহত্যাৰ বাহিৰে উপায় নাথাকিব।
লাগি থাকিলে এৰা গছো সাৰ হয়। মৌচুমীয়ে ক'লে- কাৰণ ধৈৰ্য লাগিব।
ধৈৰ্যৰ ফল সদায় মিঠা হয়।
নোপোৱাতকৈ পাই হেৰুৱাৰ বেদনা বেছি। তছলিমে
মন্তব্য কৰিলে- গতিকে বাওনা হৈ জোনলৈ হাত নেমেলাই উত্তম।
ব’ঠাইহে নৈৰ গভীৰতা জুখিব পাৰে। মৌচুমীয়ে তৰ্কৰ খাতিৰত
ক'লে- নৈয়ে নিজৰ গভীৰতা জুখিব নোৱাৰে। এইদৰে কৈয়ে
মৌচুমীয়ে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- এতিয়া এইবোৰ বাদ
দিয়ক। যেতিয়া সমস্যা উদ্ভৱ হয়, তেতিয়াই চিন্তা কৰিব। য'ত কোনো সমস্যাই নাই, ত’ত
সমাধান বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্রয়োজন নাই ।
অৱশ্যে ঠিক। তছলিমে ক'লে- সমস্যা সৃষ্টি কৰাৰ
ইচ্ছা বা মানসিকতা কোনোটো মোৰ নাই।
আপুনি কিন্তু ইতিমধ্যে সমস্যা সৃষ্টি কৰিছেই!
মৌচুমীয়ে ৰহস্যময় ভংগীত ক’লে।
তছলিমে অৱশ্যে অনুমান কৰিব পাৰিলে মৌচুমীয়ে
কোনটো সমস্যাৰ কথা কৈছে। তথাপি সি একো নুবুজাৰ ভাওজুৰি ক'লে- সমস্যা ! মই আকৌ কি
সমস্যাৰ সৃষ্টি কৰিলো?
সমস্যাতো সৃষ্টি কৰিছেই, লগতে ধৰাও পৰি গৈছে।
মৌচুমীয়ে পুনৰ ৰহস্যময় ভংগীত ক’লে।
মৌচুমীৰ কথাই যেন তছলিমৰ হৃদয়ত খোঁচ মাৰিলে। কি
ক'ব খুজিছে মৌচুমীয়ে?
তাৰ মনৰ কথাৰ উমান পোৱা নাইতো তাই! নাৰীয়ে বোলে পুৰুষৰ মনৰ কথা মুখ
দেখিয়ে কৈ দিব পাৰে! আচলতে প্ৰথম দিনা দেখাৰে পৰা সি মৌচুমীৰ প্ৰতি দুৰ্বল হৈ
পৰিছে। মৌচুমীৰ কথা কোৱাৰ ভংগী, তাইৰ চাল-চলনৰ মাজত যেন সি
কিবা বিশেষ আকর্ষণ অনুভৱ কৰে। প্ৰথম দিনা দেখাৰে পৰা সি আজৰি সময় পালেই মৌচুমীৰ
কথা ভাবিবলৈ লৈছে। মানে ভাবি ভাল লাগে। মৌচুমীৰ মুখমণ্ডল মানস পটৰ পৰা আঁতৰাব
খুজিলে আঁতৰাবতো নোৱাৰেই, বৰং অধিক উজ্জ্বল হৈ জিলিকি উঠে।
সি জীৱনত বহু ছোৱালী দেখিছে, কিন্তু আজিলৈকে কাৰো কথা সি
এনেকৈ ভবা নাই। মৌচুমীয়েও জানো তাৰ কথা ভাবে? নিশ্চয়
নাভাবে। ভাবিবই বা কিয়? তাৰ বিষয়ে তাই একোকে নাজানে। মাথোন
দুদিনৰ চিনাকি। তদুপৰি ছোৱালীবিলাক নিজৰ ভৱিষ্যত সম্পর্কে সচেতন। অৱশ্যে দুই এজনী
ব্যতিক্রম নথকাও নহয় । আগ-পাছ নাভাবি চগাৰ দৰে জুইত জাঁপ দিয়ে। দুদিন কথা পাতি সি যি
বুজিছে, মৌচুমী তেনেকুৱা ছোৱালী
নহয় । তাইৰ ভাল- বেয়া বুজিবপৰা শক্তি আছে। চগাৰ দৰে জুইত জাঁপ দিয়া বিধৰ
ছোৱালী মৌচুমী নহয়। তাই কিবা সিদ্ধান্ত ল'লে ভাবি-চিন্তিয়ে ল'ব। তাৰ মনৰ
কথাও তাই নিশ্চয় উমান পোৱা নাই। কাৰণ সি এতিয়ালৈকে এনেকুৱা কোনো আচৰণ কৰা নাই,
যাৰ পৰা তাই তাক সন্দেহ কৰিব পাৰে!
তছলিমে এইদৰে মনতে ভাবি সাহস গোটাই ক'লে- কি ক'ব খুজিছে পোনপটীয়াকৈ কওঁক। মই কি ধৰা পৰিলো ! মই কিবা অন্যায় কৰিলো নেকি?
মাথোন অন্যায়ে নহয়, ঘোৰতৰ অন্যায় কৰিছে
আপুনি ।
কি অন্যায় কৰিলো, কওঁকচোন। তছলিম ক'লে- নক'লে কেনেকৈ বুজিম, মই কি
অন্যায় কৰিছোঁ।
মৌচুমীয়ে ৰহস্যময় ভংগীত ক'লে- আপোনাৰ নিজৰ মনকে
প্রশ্ন কৰি চাওঁক, কি অন্যায় কৰিছে আপুনি।
ৰহস্যৰ মাজত নাৰাখিব। তছলিম অধৈৰ্য হৈ উঠিল-
খোলা-খুলিকৈ কওঁক। যদি কিবা অন্যায় আপোনালোকৰ চকুত ধৰা পৰিছে!
মই আপোনাৰ মুখৰপৰা কথাটো শুনিব খুজিছিলো।
মৌচুমীয়ে ক'লে।
মই কি অন্যায় কৰিছো, সেয়া নজনাকৈ কেনেকৈ ক'ম। তছলিমে বিব্রত কণ্ঠত ক'লে।
ঠিক আছে। মৌচুমীয়ে ক'লে- ময়ে ক’ম, বাৰু। ইয়াৰ আগতে আপুনি কথা দিয়ক, মই যি সুধিম, তাৰ সঠিক উত্তৰ দিব!
মোৰ জনা থাকিলে নিশ্চয় দিম। তছলিমে ক'লে- সোধক, কি সুধিব খুজিছে।
মৌচুমীয়ে এইবাৰ পোনপটীয়াভাবে সুধিলে- আপুনি
মিৰণ ভাইৰ ভায়েক নহয় জানো?
আপুনি কেনেকৈ গম পালে?
মিৰণ ভাইৰ লগত আপোনাৰ বহু সাদৃশ্য আছে। মৌচুমীয়ে
ক'লে- তেজৰ সম্পৰ্ক নাথাকিলে
ইমান সাদৃশ্য থকা সম্ভৱ নহয় ৷
আপোনাৰ অনুমান সঁচা।
সিদিনা পৰিচয় দিয়া নাছিল কিয়?
প্রয়োজনবোধ কৰা নাছিলো। তছলিমে ক’লে- তদুপৰি ককাইদেউৰ লগত
আপোনালোকৰ সম্পৰ্কৰ বিষয়ে নিশ্চিত হোৱাৰ পাছতহে মই পৰিচয় দিয়াৰ কথা ভাবিছিলো।
ববিতাই মাতিলে- মৌচুমী, তেখেতক লৈ পাকঘৰলৈ আহ।
চাহ হ'ল নেকি? মৌচুমীয়ে ক'লে- আহি আছো, ৰ’বা। এইদৰে
ববিতাক আশ্বাস দি তছলিমক উদ্দেশ্য কৰি ক'লে- ব’লক, চাহ ৰেডি।
দুয়ো বহাৰ পৰা উঠি ববিতাহঁতৰ পাকঘৰলৈ আহিল।
চাহ পৰ্ব শেষ কৰাৰ পাছত ববিতাই ক'লে- তামোল খোৱাৰ অভ্যাস
আছে নেকি ?
তেনেকৈ অৱশ্যে নাই। তছলিমে ক'লে- মিঠা খালে, অকনমান চোবালে ভাল লাগে।
ব’লক। ববিতাই ক’লে- তামোল বেডৰোমত
বহি খাবহি।
তছলিমে ক'লে- বেডৰোম! পাকঘৰতে দেখোন খাব পাৰিলোহেঁতেন !
বাইদেৱে কৈছে যেতিয়া ব’লকচোন, বাইদেউৰ বেডৰোমটো চাই যাব। মোচুমীয়ে আবদাৰৰ সুৰত ক'লে।
শোৱনি কোঠালিটো সুবিন্যস্তভাবে সজোৱা। দৰদী হাতৰ
পৰশত কোঠালিটোৰ সাধাৰণ বস্তু এপদো জীৱন্ত হৈ উঠিছে। ফ্ৰেমত বন্ধা বহুকেইখন ফটো
দেৱালত আঁৰি থোৱা আছে। তাৰে মাজত এখন ফটো দেখি তছলিমৰ কপাল কোঁচ খাই গ'ল ।
তাৰ ধাৰণা হ'ল, সি যেন ফটোৰ গৰাকীক ক'ৰবাত দেখিছে! কিন্তু ক'ত দেখিছে? পার্থক্য মাথোন এটাই তাৰ মুখত দাঢ়ি নাছিল। ফটোখনত দাঢ়ি আছে। মানুহজনক ক'ত দেখিছে, সি মনত পেলাবলৈ চেষ্টা চলালে। কিন্তু
কোনোমতেই সি কথাটো মনত পেলাব নোৱাৰিলে। ফটোখনৰ কথা ভাবি ভাবি সি তামোল চোবাবলৈ
ধৰিলে।
কথাটো ববিতাৰ চকুতো ধৰা পৰিল। তাই সুধিলে- ফটোখনৰ
ফালে কি চাইছে? মোৰ মিষ্টাৰৰ ফটো ৷
ববিতাৰ আকস্মিক প্রশ্নত তছলিমে থমত্ খালে। ক'লে- ময়ো তেনেকুৱাই অনুমান
কৰিছো।
চিনাকি নেকি? ববিতাৰ চুটি প্রশ্ন।
ববিতাৰ প্ৰশ্নত আকৌ এবাৰ থমত্ খালে তছলিমে। ক'লে- নাই নাই, চিনাকি নহয়, কিন্তু ক'ৰবাত
যেন দেখিছো, এনেকুৱা ধাৰণা হৈছে। বহুদিন আগৰ কথা, সেয়ে মনত পেলাব পৰা নাই।
কেতিয়াবা এনেকুৱা হয়েই! মৌচুমীয়ে ক’লে- লোৰ বস্তু এপদ মাটিৰ
তলত পৰি থাকিলে মামৰে ধৰাৰ দৰে স্মৃতিতো তেনেকৈ মামৰে ধৰে।
মাটিৰ তলত বুলি কোৱাৰ লগে লগে তছলিমৰ কথাটো মনত পৰি
গ'ল। হয়, এইবাৰ সি ফটোৰ মানুহজনক চিনিব পাৰিছে। মাথোন চিনাই নহয়, বহু কথা জানে সি মানুহজনৰ বিষয়ে। তেতিয়া এই মানুহজনৰ বিষয়ে বহু চৰ্চা
হৈছিল সিহঁতৰ অঞ্চলত । তছলিম তেতিয়া হাইস্কুলত পঢ়ি আছিল ৷ কিন্তু এতিয়া সেইবোৰ কথা কোৱা
সম্ভৱ নহয়৷ ক'লে ববিতাহঁতৰ দাম্পত্য জীৱনলৈ দুৰ্যোগ নামি আহিব। সেয়ে সি সংযত হল। কোনো
পৰিস্থিতিতেই সি ববিতাহঁতক সেই কথা ক'ব নোৱাৰে! মানুহজনৰ নাম
অৱেশ্য তেতিয়া সি শুনিছিল, কিন্তু এতিয়া মনত পেলাব পৰা
নাই। মানুহজন মেধাৱী আছিল, কিন্তু চৰিত্ৰৰ ফালৰ পৰা ঠিক
নাছিল। সি ডি-ফার্ম পঢ়ি থাকোঁতে ড্ৰাগচ আসক্ত হৈ পৰিছিল আৰু শেষলৈ গৈ সি নিজেই
ড্ৰাগচৰ ব্যৱসায় আৰম্ভ কৰিছিল। ফলত তাক কলেজৰপৰা বহিষ্কাৰ কৰা হৈছিল। কলেজৰ পৰা
বহিষ্কৃত হোৱাৰ পাছত সি ঘৰলৈ গৈ ফাৰ্মাচি এখন দি ঔষধৰ ব্যৱসায় আৰম্ভ কৰিছিল । সি বিয়াও কৰাইছিল। তেতিয়া সি অস্ত্ৰ
ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল। দুই বছৰ পাছত সি জে’লৰ পৰা ওলাই দেখিলে, তাৰ স্ত্ৰী আনৰ লগত বিয়া হৈ ঘৰ-সংসাৰ কৰি আছে। কথাটো সি সহ্য কৰিব
নোৱাৰিলে। এদিন নিশা সি তাৰ স্ত্ৰীক হত্যা কৰি মাটিৰ তলত পুতি থ’লে। এমাহ পাছত সন্দেহবশতঃ পুলিচে তাক গ্ৰেপ্তাৰ কৰি সোধা-মেলা কৰাত হত্যাৰ
ৰহস্য ওলাই পৰিল। তাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মাটিৰ তলৰপৰা মৃতদেহটো
উদ্ধাৰ কৰিলে আৰু তাক জে’ল-হাজোতলৈ প্ৰেৰণ কৰিলে । তিনিমাহ হাজোত বাসৰ পাছত সি জামিনত মুক্ত
হৈ ঘৰলৈ যায় আৰু কিছুদিন পাছতে সি নিৰুদ্দেশ হৈ পৰে। তাৰ পাছত সি পুনৰ ঘৰলৈ ঘূৰি
যোৱা নাই। বৰ্তমান সি ফেৰাৰী আচামী। এই কথা সিহঁতৰ অঞ্চলৰ বহুতে জানে।
কি ভাবিছে? মৌচুমীয়ে সুধিলে-চিনিব পাৰিছে নেকি? মোৰ ভিনদেউ। ঘৰ নগাঁওৰ হোজাইত আছিল। আপোনালোকৰ ঘৰোতো হোজাইৰ ফালে৷ গতিকে ক'ৰবাত দেখিছিল নিশ্চয়।
হয়তো দেখিছিলো। তছলিমে ক’লে- কিন্তু ক'ত দেখিছিলো, সেয়া মনত পেলাব পৰা নাই ৷
তছলিমৰ কণ্ঠস্বৰ কঁপি উঠিল। হয়তো মিছা কথা কোৱাৰ
কাৰণেই! দেখ দেখকৈ মিছা কথা ক'লে হয়তো আটাইৰে এনেকুৱা হয়।
কথাটো মৌচুমীৰ চকুতো ধৰা পৰিল । তাই ক'লে- আপুনি কিবা লুকাব খুজিছে নেকি?
লুকাব খুজিছো! মানে...তছলিমে আকাশৰ পৰা পৰাদি ক'লে- আচলতে মই একো লুকোৱা
নাই। মানুহজনক ক'ৰবাত দেখিছিলো। কিন্তু এতিয়া মনত পেলাবপৰা
নাই ।
ববিতাই প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- এতিয়া মনত নপৰিলেও
পাছত কেতিয়াবা মনত পৰিব পাৰে । এতিয়া সেইবোৰ বাদ দিয়ক। বেলেগ কথা আলোচনা কৰক।
তছলিমে প্ৰসংগটো এৰাই যোৱাৰ কাৰণে সুবিধা পাই ক'লে- সিদিনা আপুনি মোৰ
ওচৰলৈ এজনী তিৰোতা মানুহ পঠাইছিল নেকি?
তিৰোতা ! ববিতাই খন্তেক ভাবি ক'লে- অ' পঠাইছিলো। বৰ ভাল তিৰোতা । কাম-কাজতো পটু। পার্ট টাইম কাম কৰে।
বৰ্তমান তাইৰ হাতত কোনো কাম নাই। বৰ দুখীয়া । ঘৰত দুজনী গাভৰু ছোৱালী। ঘৰৰ মানুহজন
পংগু। কাম-বন কৰিব নোৱাৰে। ছোৱালী দুজনীৰ টিউচনৰ পইচাৰে সংসাৰ চলে। তাইক ৰাখিলে
তাইৰ বৰ উপকাৰ হ'ব।
উপেনেও ভাল বুলি কৈছে। তছলিমে ক’লে- গতিকে ইতিমধ্যে তাইক
কামত লগাছোই। তিৰোতাজনী হেনো আপোনালোকৰ আত্মীয় ?
আত্মীয় মানে আমাৰ দূৰ সম্পৰ্কীয় মাহী।
মৌচুমীয়ে ক'লে- আমি কিন্তু দূৰ সম্পৰ্কীয় বুলি নাভাবো। নিজৰ মাহী বুলিয়ে ভাবো। মিৰণ
ভায়েও তাইকে ৰাখিছিল।
তিৰোতাজনীয়ে অৱশ্যে মোক কথাটো কৈছে। এইদৰে কৈ
তছলিমে হাতঘড়ীটোলৈ চাই ক’লে- এতিয়া উঠোহে। বহু সময় বহিলো। সিহঁত বেড়ৰোমৰ পৰা ওলাই আহিল ।
(বাৰ)
আবেলি অফিচৰ পৰা আহি তছলিমে হাত-মুখ ধুই বেডৰোমত
বহিল। খন্তেক পাছতে মর্জিনা পেহী চাহ লৈ আহিল । তছলিমে চাহৰ কাপত শোহা মাৰি ক'লে- পেহী, চাহ কিন্তু বঢ়িয়া বনাইছা !
তছলিমৰ প্ৰশংসাত মর্জিনা পেহীয়ে কিছু বিব্রতবোধ
কৰিলে। ক'লে- কিনো আৰু বঢ়িয়া
বনালো। ভাল নে বেয়া নাজানো। আগৰ চাহাবেও মোৰ চাহৰ প্ৰশংসা কৰিছিল। তেৱোঁ দেখাত
প্ৰায় আপোনাৰ দৰেই আছিল। আপোনাক দেখিলে, যমজ বুলি বহুতেই ভুল কৰিব।
তছলিমে পুনৰ কাপত শোহা মাৰি ক'লে- হয় নেকি? তেওঁ আৰু মোৰ মাজত বয়সৰ বহু পার্থক্য। তেওঁ মোতকৈ অতি কমেও পাঁচ বছৰৰ
ডাঙৰ আছিল।
আপুনি কেনেকৈ জানিলে? মর্জিনা পেহীয়ে ক'লে- তেওঁক আপুনি চিনি পাইছিল নেকি?
নাই নাই, তেনেকৈ পোৱা নাছিলো। তছলিমে ক'লে- আপোনালোকৰ মুখত তেওঁৰ
বিষয়ে শুনি শুনি এটা অনুমানহে কৰিছো মাথোন।
মর্জিনা পেহীয়ে ক'লে- আপোনাক দেখাৰ পাছৰপৰা আগৰ্জন
চাহাবৰ কথা বৰকৈ মনত পৰি আছে।
তেওঁক ভাল পাইছিল কাৰণে এনেকুৱা হৈছে।
ভাল পাইছিলো মানে.......মার্জিনা পেহী আবেগিক হৈ
উঠিল- ভাল আছিল কাৰণে ভাল পাইছিলো। তেওঁ খুবেই অমায়িক আৰু পৰোপকাৰী আছিল। তেওঁৰ
ঋণ মই জীৱনত পৰিশোধ কৰিব নোৱাৰিম। ছোৱালী দুজনীক তেওঁ নিজৰ ভনীয়েকৰ দৰেই মৰম
কৰিছিল। তেওঁৰ কাৰণেই মই ছোৱালী দুজনীক পঢ়ুৱাব পাৰিছো। ডাঙৰজনীক বাপেকে বাৰ বছৰ
বয়সতে বিয়া দি উলিয়াই দিছিল। মাজুজনী ছোৱালীকো পোন্ধৰ বছৰ নৌহওঁতেই বিয়া দিবলৈ
ওলাইছিল, তেওঁৰ কাৰণেহে দিবপৰা
নাছিল । তাইৰ কিতাপপত্ৰ প্ৰায়বোৰ তেৱেঁ কিনি দিছিল। বহু সময়ত কাপোৰ-কানিও
কিনি দিছিল। ঈদ আহিলে আমাৰ আটাইকে কাপোৰ কিনি দিছিল। কিন্তু কি কাৰণত তেওঁ
আত্মহত্যা কৰিলে, সেয়া সকলোৰে ওচৰত আজিলৈকে সাঁথৰ হৈ আছে!
তছলিমে কিবা ক'বলৈ মুখ মেলিছিলহে মাথোন, এনেতে বাহিৰত মটৰ চাইকেলৰ শব্দ শুনা গ'ল। খন্তেক
পাছতে দুৱাৰত টুকুৰিওৱাৰ শব্দ শুনা গ’ল। তছলিমে ক’লে- চাওঁকচোন পেহী, কোন আহিল ?
মর্জিনা পেহীয়ে দুৱাৰ খুলি দিলে।
কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি কমল দাসে ক'লে- চাহাব আছে নেকি,
পেহী?
আছে। মর্জিনা পেহীয়ে ক'লে- আপুনি বহক। মই তেওঁক
কথাটো কৈ আছো ৷
মর্জিনা পেহী বেডৰোমলৈ সোমাই অহাৰ পাছত তছলিমে
সুধিলে- কোন আহিল, পেহী?
মর্জিনা পেহীয়ে ক'লে- কমল দাস। ঠিকাদাৰ।
হয় নেকি? তছলিমে চাহৰ কাপ মেজৰ ওপৰত নমাই থৈ গাত চোলা জাপি
বৈঠকখানালৈ সোমাই আহিল ।
কমল দালে ক’লে-ৰাতিপুৱাই দিগ্দাৰি কৰিবলৈ আহিলো । সিদিনা বোলে ‘চাইডলৈ গৈছিল । মই আগতেই আহিব লাগিছিল, কিন্তু হঠাৎ গুৱাহাটীলৈ
যাব লগা হ'ল। বিধায়কে মাতিছিল। গতিকে অহাত পলম হ'ল। কাম কেনেকুৱা দেখিলে? মোৰ ফালৰ পৰা অৱশ্যে কাম
ভাল কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলো । কিন্তু মিস্ত্ৰীবিলাকৰ কাৰণে কৰিব
নোৱাৰিলো । মিস্ত্ৰীবিলাক বৰ ধুৰন্ধৰ । মাল-মচলা ঠিক মতে ব্যৱহাৰ নকৰে । ৰাহি কৰি ‘ব্লেক’ত
বিক্ৰী কৰে। চাওঁকচোন, মাল-মচলা চুৰি কৰি খালে
মিস্ত্ৰীবিলাকে আৰু শেষত গৈ জগৰটো লাগিল মোৰ গাত ।
তছলিমে কমল দাসৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে।
ভাবিলে, মিস্ত্ৰীবিলাক তোমাতকৈ
বেছি ধুৰন্ধৰ নহয়! ক'লে- চৰকাৰে কাম আপোনাকহে দিছিল,
মিস্ত্রীবিলাককতো দিয়া নাছিল। গতিকে খেচাৰত আপুনিয়ে ভৰিব লাগিব ৷
নিশ্চয়। কমল দাসে ক'লে-মিস্ত্ৰীবিলাকেতো ৰসতে
নাম গাই থৈ গ'ল । এতিয়া যি কৰিব লাগে ময়ে কৰিম, বাৰু। নাই নাই, মই ভাগি পৰা দেৱালটো ঠিক কৰি দিম । বিডিও ছাৰৰ তালৈ গৈছিলো । তেওঁ আপোনাৰ লগতে কথা পাতিবলৈ দিলে । কাম আৰম্ভ কৰোঁতে দুদিনমান পলম হ'ব পাৰে। তাৰ বাবে আপুনি
চিন্তা কৰিব নালাগে। সময়মতেই কাম শেষ কৰি দিম। ডাঙৰজনী ছোৱালীৰ কেন্সাৰ। ভেলোৰলৈ
নিব লাগিব। জানেইতো ভেলোৰৰ নাম ল’লেই লাখৰ হিচাপত টকা গণিব
লাগে৷
সেইবোৰ আপোনাৰ ব্যক্তিগত কথা। তছলিমে ক’লে- আপুনি কাম কৰি দিব
বুলি ক'লে মই চৰকাৰক ৰিপোৰ্ট নিদিও। যদি পলম কৰে মই ৰিপোৰ্ট
দিবলৈ বাধ্য হ’ম।
ঠিক আছে। মই এসপ্তাহৰ ভিতৰতে কাম আৰম্ভ কৰিম, বাৰু। কমল দাসে ক'লে- কিন্তু তাৰ আগতে আপুনি মোৰ এটা কাম কৰিব লাগিব৷
কি কাম?
মই এটি আপদকালীন ভেটিৰ বাবে বিছ লাখ টকাৰ কাম
পাইছো । কমল দাসে ক'লে- কিন্তু টকাৰ অভাৱত এতিয়ালৈকে কাম আৰম্ভ কৰিবপৰা নাই । এই বিষয়ে মই পিডি আৰু বিডিও ছাৰৰ লগত
আলোচনা হৈছো। তেওঁলোকেও সন্মতি দিছে। এতিয়া মাথোন আপোনাৰ সহযোগ পালেই হৈ যাব। টকা
হাতত আহিলে কাম সম্পূৰ্ণ কৰোতে বৰ বেছি দিন নালাগে। এমাহৰ ভিতৰতে কাম সম্পূৰ্ণ কৰি
দিম।
আপোনাৰ কথা মই বুজিব পৰা নাই। তছলিমে ক’লে- মই আপোনাক কি সহযোগ
কৰিব লাগে ?
সহযোগ মানে বিশেষ একো নহয়। কমল দাসে ৰহস্যময়
ভংগীত ক’লে- আপুনি মাথোন কাম আধা
সম্পূৰ্ণ হোৱা বুলি ৰিপোৰ্ট দিলেই হ'ল। নাই নাই, আপোনাৰ একো অসুবিধা নহয়। বিধায়কৰপৰা আৰম্ভ কৰি সকলো মোৰ লগত আছে। চিন্তা
কৰিব নালাগে আপোনাৰ নিৰ্দ্ধাৰিত অংশ আপুনি সময়মতেই পাই যাব।
মই মোৰ অংশৰ কথা ভবা নাই। তছলিমে ক’লে- কিন্তু আপুনি কাম
আৰম্ভই কৰা নাই, এনেস্থলত আধা কাম হোৱা বুলি মই ৰিপোৰ্ট দিম
কেনেকৈ?
কমল দাসে তছলিমৰ কথাত বল পাই ক'লে- এনেকুৱা কামতো প্ৰায়ে
হৈ থাকে। আপুনিতো আৰু নতুনকৈ কৰিবলৈ যোৱা নাই! ধৰকচোন, আমি
এনেকৈ সহায়-সহযোগিতাৰ মাজেৰেই এৰা-ধৰাকৈ চলিব লাগিব। আপুনি অকনমান বহক, মই বাহিৰৰ পৰা আহি আছো ।
তছলিমৰ উত্তৰলৈ অপেক্ষা নকৰি কমল দাস বাহিৰলৈ
ওলাই আহিল। সি উঠি অহা বাইকৰ কাষত ডেকা এজন থিয় দি আছিল। সি ডেকাজনক উদ্দেশ্য কৰি
ক'লে- ৰহমত, ব্ৰীফকেচটো লৈ আহা । এইদৰে কৈ সি পুনৰ বৈঠকখানাৰ ভিতৰলৈ সোমাই আহি চকীত বহি ক’লে- সম্ভৱ হ'লে আপুনি কাইলৈয়ে ৰিপোৰ্টটো দি দিব।
ৰহমতে ব্ৰীফকেচটো আনি কমল দাসৰ সন্মুখত থকা মেজৰ
ওপৰত থ’লে। কমল দাসে ডেকাজনক
উদ্দেশ্য কৰি ক'লে- ৰহমত যোৱা, বাহিৰত
অপেক্ষা কৰাগৈ।
ৰহমত ওলাই যোৱাৰ পাছত সি ডেকাজনৰ ফালে আঙুলিয়াই
ক'লে- ৰহমত মেট্ৰিক পাছ।
চাকৰি-বাকৰি নাপাই মাজতে কিছুদিন আলফাত আছিল। আলফাৰ পৰা আত্মসমৰ্পণ কৰি বেকাৰ হৈ
ঘৰতে বহি আছিল। মই আনি কামত লগাইছো। বুধিয়ক ল'ৰা। অলপ দিনৰ
ভিতৰতে কাম- কাজবোৰ চম্ভালি লৈছে। এইদৰে ৰহমতৰ প্ৰশংসা কৰি কমল দাসে ব্রীফকেচটো
খুলি টকাৰ বাণ্ডিল উলিয়াই তছলিমলৈ আগবঢ়াই ক'লে- বৰ্তমান
হাতত টকা নায়ে । এইখিনিকে দিলো। পাঁচ হাজাৰ আছে। গণি চাব পাৰে ৷
গণি চাব পাৰো মানে? তছলিমে শান্ত-ধীৰ কণ্ঠত ক’লে- আপুনি টকা গণিব নোৱাৰে নেকি?
কি যে কয়! কমল দাসে বিব্রত কণ্ঠত ক’লে- টকা গণিব নোৱাৰো
মানে.... ঠাট্টা কৰিছে নেকি?
তছলিমে বাধা দি কৈ উঠিল- নাই নাই, আপোনাৰ দৰে মানুহৰ লগত মই
ঠাট্টা কৰাৰ কথা কল্পনাও কৰিব নোৱাৰো। আপুনি মোৰ ককায়েকৰ দৰে । আপোনাৰ লগত মই ঠাট্টা কৰিবলৈ যাম কিয় ?
সেয়া মই জানো ৷ কমল দাসে ক'লে- আপোনাৰ নিচিনা শিক্ষিত
মানুহে যে মোৰ লগত ঠাট্টা নকৰে সেয়া মই জানো। টকা কেইটা থৈ দিয়ক। গণিয়ে আনিছো।
পূৰা পাঁচ হাজাৰে আছে ।
আপোনাৰ টকা মই থ'বলৈ যাম কিয়?
এতিয়া এই টকা মোৰ নহয়। কমল দাসে সেমেনা-সেমেনি
কৰি ক'লে- এতিয়া এইখিনি
আপোনাৰে। নাই নাই, এই টকাৰ ভাগ আপুনি কাকো দিব নালাগে।
গোটেইখিনি আপোনোৰ। পাৰিলে আপুনি কাইলৈয়ে কাম আৰম্ভ কৰা বুলি ৰিপোৰ্টটো দি দিব।
ইঞ্জিনিয়াৰ, বিডিও ছাৰৰ লগত মই বেলেগে কথা পাতিছো ।
ৰিপোৰ্ট তেনেহ'লে ইঞ্জিনিয়াৰ বিডিও ছাৰৰ পৰা
লওঁকগৈ। তছলিমে আৰম্ভ কৰিলে- আপুনি মোক যি ভাবিছে, মই কিন্তু
একেবাৰে তেনেকুৱা নহয়৷ আপুনি মোৰ ককায়েকৰ বয়সৰ। সেয়ে আজি আপোনাক একো নক'লো। ভৱিষ্যতে যদি এনেকৈঘোচ যাচিবলৈ আহে...... প্রয়োজন হ’লে.....। তছলিমে বাক্যটো সম্পূর্ণ নকৰিলে। সি বহাৰ পৰা উঠি ক’লে- আপুনি এই মুহূর্তে
টকাৰ বাণ্ডিল উঠাই লৈ ওলাই যাওঁক ।
কমল দাস বিমোৰত পৰিল। ই কি মানুহ! ঘৰৰ লক্ষ্মী
ভৰিৰে ঠেলিব খুজিছে! টকাক কোনোবাই এইদৰে অপমান কৰে নেকি? যাচি ঘৰলৈ অহা লক্ষ্মীক
খেদি পঠিয়াব খুজিছে! সি অসহায়ৰ দৰে ইফালে-সিফালে চাবলৈ ধৰিলে।
এইবাৰ তছলিম দুৱাৰৰ কাষলৈ গৈ ক'লে- কি চাই আছে? মই কি কৈছো শুনা নাই নেকি?
কমল দাসে টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে ক'লে-অ’হয়। ভাল বাৰু। সি টকাৰ বাণ্ডিল ব্রীফকেচত ভৰাইক'লে-উপযাচি
অহা লক্ষ্মীক এইদৰে ভৰিৰে ঠেলিব নাপায়। ডেকা মানুহ। শেষত গৈ সকলো বুজি পাব। বাৰু,
মই এই বিষয়ে এতিয়াই গৈ বিডিও ছাৰৰ লগত আলোচনা কৰিম।
কমল দাসৰ কথাৰ কোনো ধৰণৰ প্ৰত্যুত্তৰ নকৰি তছলিম
বেডৰোমৰ ভিতৰলৈ সোমাই আহিল।
দুৱাৰ মুখতে তছলিমে মর্জিনা পেহীক লগ পালে।
তছলিমক দেখি মর্জিনা পেহীয়ে থত্ খালে। কথাটো তছলিমৰ চকুত ধৰা পৰিল । তাই আঁতে আঁতে সিহঁতৰ কথা-বতৰা শুনি আছিল
বুলি সি উপলব্ধি কৰিব পাৰিলে। সেয়ে সি পৰিস্থিতিটো স্বাভাৱিক কৰাৰ কাৰণে ক'লে- পেহী, ইয়াত কি কৰি আছিলা?
নাই মানে........মর্জিনা পেহীয়ে সেমেনা-সেমেনি
কৰি ক'লে- এনেয়ে মানে আপোনালোকৰ
কথা শুনি আছিলো।
তছলিমে কৃত্রিম খং প্রকাশ কৰি ক'লে- এয়া কিন্তু তুমি ঠিক
কৰা নাই, পেহী। এইদৰে লুকাই-চুৰকৈ আনৰ কথা শুনাটো অন্যায়!
মর্জিনা পেহীয়ে খন্তেক কিবা ভাবি ক'লে- লোভ সামৰিব নোৱাৰিহে
শুনিলো। পিছে, এই মানুহজন বৰ সাংঘাতিক! চাৰেণ্ডাৰ আলফা। আগৰ
চাহাবকো এইদৰে টকা যাচিবলৈ আহিছিল। আপোনাৰ দৰে তেৱোঁ টকা নলৈ ঘূৰাই পঠাইছিল আৰু
তাৰ দুদিনমান পাছতেই....মর্জিনা পেহীয়ে বাক্যটো সম্পূর্ণ নকৰিলে।
ৰৈ গ'লা যে, পেহী? তছলিমে সুধিলে- দুদিন পাছত কি হৈছিল?
মর্জিনা পেহী এইবাৰ বিমোৰত পৰিল। পাঁচ বছৰ আগৰ
ঘটনা এটা তাইৰ চকুৰ আগত ভাহি উঠিল-
প্ৰতিদিনৰ দৰে সিদিনাও তাই পুৱা চাৰে সাত বজাত
কামলৈ আহিছিল। তাই আগৰ চাহাব মানে মিৰাণৰ শোৱনি কোঠালিৰ সন্মুখত কেইজনমান মানুহ
জুম বান্ধি থিয় দি থকা প্ৰত্যক্ষ কৰিলে। উপেনো আছিল সেই ভিৰৰ মাজত। মর্জিনা
পেহীয়ে ঘটনাৰ বুজ ল'বলৈ উপেনৰ কাষলৈ গৈ সুধিলে- কি হ'ল? মানুহবিলাক এনেকৈ জুম বান্ধি ৰৈ আছে কিয়?
উপেনে মিৰাণ শুই থকা কোঠালিৰ ফালে আঙুলিয়াই ক'লে- ছাৰ, এতিয়ালৈকে টোপনিৰপৰা উঠা নাই। দুৱাৰ ভিতৰৰ পৰা বন্ধ। মই দুৱাৰত ঢকিয়াই
মাতিও কোনো সঁহাৰি নাপালো। শেষত নিৰূপায় হৈ বিডিও ছাৰক খবৰটো দিছো। তেওঁ এতিয়ালৈকে আহি পোৱা
নাই। মানুহবিলাক কৌতূহলবশতঃ আহি জুম বান্ধিছে।
চাহাব উঠা নাই মানে ! মর্জিনা পেহীয়ে উৰহীৰ ওৰ
পাবলৈ ক'লে- এই সময়ত দেখোন
হাত-মুখ ধুই চাহৰ কাৰণে অপেক্ষা কৰি থাকে!
জানো কি হৈছে? উপেনে নিজকে কোৱাদি ক'লে- মাতি
মাতি সঁহাৰি পোৱা নাই এইখিনেয়ে জানো।
মর্জিনা পেহীয়ে পৰামৰ্শ আগবঢ়ালে- সিফালেদি
খিড়িকি খুলি চাব পাৰে দেখোন৷
খিড়িকিবোৰ ভিতৰৰ পৰা বন্ধ। উপেনে অসুবিধাৰ কথা
জনালে- ঘটনাৰ গম-গতি ভাল দেখা নাই। গতিকে দুৱাৰ অথবা খিড়িকি ভাঙিবলৈ সাহস গোটাব
পৰা নাই। ছাৰে আহি যি কৰে কৰক ! আমি সৰু মানুহ! ইমান ডাঙৰ দায়িত্ব লোৱাটো আমাৰ
কাৰণে সম্ভৱ নহয়।
মর্জিনা পেহীয়ে কিবা ক'ব খুজিছিল। কিন্তু কোৱা নহ'ল। বিডিও প্রবীৰ ওজা আহি সেইখিনি পালে। মর্জিনা পেহী একাষৰীয়াকৈ থিয় দি
প্ৰবীৰ ওজাক বাট এৰি দিলে । বিডিও ওজাই জুম বান্ধি থকা মানুহবিলাকক উদ্দেশ্য কৰি সুধিলে- কি হ'ল? এতিয়ালৈকে
সি উঠা নাই নেকি?
উপেনে ক'লে- উঠা নাই, ছাৰ ।
মানুহবিলাকৰ মাজৰপৰা এজনে ক'লে- ক'ত উঠিব! দুৱাৰত ইমানকৈ ঢকিয়ালে তথাপি সাৰ-সুৰ নাই।
প্রবীৰ ভূঞাৰ ভ্ৰূযোৰ কোঁচ খাই গ'ল। ওপৰৰ ওঁঠেৰে তলৰ ওঁঠ
হেঁচি ধৰি খন্তেক ভাবি উপেনক উদ্দেশ্য কৰি ক'লে- এতিয়া কি
কৰা যায় ! আকৌ এবাৰ মাতি চাওঁকচোন।
মাতি লাভ নহ'ব, ছাৰ। উপেনে ক'লে- বহুবাৰ দুৱাৰত ঢকিয়াই মাতিছো। মাথোন ময়ে নহয়, আন বহুতেই মাতিছে। এতিয়া দুৱাৰ ভঙাৰ বাহিৰে বেলেগ উপায় দেখা নাই,
ছাৰ!
কিন্তু! আকৌ এবাৰ কপালত ভাঁজ পৰিল প্ৰবীৰ ভূঞাৰ।
ক'লে- কেচটো পুলিচ কেচো হ'ব পাৰে! গতিকে দুৱাৰ ভঙাৰ আগতে পুলিচক খবৰ দিয়া ভাল হ'ব নেকি? ভিতৰত কি হৈছে, আমি
কোনেও গম নাপাও। গতিকে পুলিচক খবৰ দিয়াটোৱে ভাল হ'ব নেকি?
সমৰ্থন পোৱাৰ আশাত প্ৰবীৰ ভূঞাই মানুহবিলাকৰ ফালে
চালে।
মানুহবিলাকৰ মাজৰ পৰা এজনে ক'লে- আপুনি যি ভাবিছে,
তেনেকুৱা কিবা নহ'বওতো পাৰে! ৰাতিপুৱা উঠি
প্ৰাতঃভ্ৰমণ কৰি আহি পুনৰ শুৱওতো পাৰে ! আজি-কালি বহুতেই এনেকুৱা কৰে। আগতে
দুৱাৰখন ভাঙি চাওঁক, যদি কিবা ঘটিয়ে থাকে পাছতো পুলিচক খবৰ
দিব পৰা যাব।
আন এজনে ক'লে- নিচা-টিচা কিবা কৰিওতো শুৱ পাৰে।
উপেনে বাধা দি কৈ উঠিল- নাই নাই, ছাৰে নিচা নকৰে। নিচা কৰি
শোৱা নাই।
অফিচাৰ মানুহ, নানা টেনচন থাকে। আন এজনে মন্তব্য কৰিলে- টোপনিৰ ঔষধ
খায়োতো শুৱ পাৰে৷
প্রবীৰ ভূঞাই মানুহজনক সমৰ্থন কৰি ক'লে- আপুনি এইবাৰ একেবাৰে
আচল কথাত ধৰিছে। খাব পাৰে। কিছুদিন ধৰি টেনচনত ভূগি থকা কথাটো মই জানো।
ন্যায়-নীতিত থকা মানুহ! হলা গছ পালে আটায়ে বাগি কুঠাৰ মাৰে। এইদৰে মন্তব্য কৰি উপেনক উদ্দেশ্য কৰি ক'লে- কেনেকৈ ভাঙে, দুৱাৰখন ভাঙক।
দুৱাৰ ভাঙি কোঠালিৰ ভিতৰত সোমাই গৈ দেখিলে মিৰণ
নিথৰ হৈ বিছনাত পৰি আছে। প্রবীৰ ওজাই বিছনাৰ কাষলৈ গৈ মাতিলে। কিন্তু কোনো সঁহাৰি
নাই। শেষত ওজাই মিৰণৰ গাত ধৰি জোকাৰি মাতিলে। গাত ধৰি জোকাৰি দিয়াৰ লগে লগে সমগ্ৰ
শৰীৰ লৰি উঠিল।
মর্জিনা পেহীয়ে সেই দৃশ্য আজিলৈকে পাহৰিব পৰা
নাই। তাইৰ বুজিবলৈ বাকী নাথাকিল যে চাহাব জীয়াই নাই!
বিডিও প্রবীৰ ওজাই মানুহবিলাকৰ ফালে চাই ক'লে- নাই, কেতিয়াবাই মৰিল। শৰীৰটো শিল যেন চেঁচা পৰি আছে।
উপেনেও ঠেলি চালে। নাই, দেহাত প্ৰাণ থকাৰ কোনো
লক্ষণ নাই। নীৰৱ-নিথৰ।
বিডিও ওজাই দুজনমান মানুহক পুলিচ মাতি আনিবলৈ
পঠালে । তাৰ পাছত কোঠালিৰ ভিতৰত থকা বস্তুবোৰত হাত নিদিবলৈ আটাইকে সঁকিয়াই
দি তেওঁ কোঠালিৰ পৰা ওলাই আহিল৷
আৰক্ষী আহিল । আৰক্ষীয়ে কোঠালিটো তন্ন তন্নকৈ পৰীক্ষা
কৰিলে। কোঠালিটোত এটা গিলাচৰ বাহিৰে সন্দেহজনক তেনে কোনো বস্তু দেখা নাপালে।
গিলাচটো মেজৰ ওপৰত আছিল। গাখীৰৰ খালী গিলাচ । সম্ভৱতঃ নিশা শোৱাৰ আগত গাখীৰ খাই
গিলাচটো মেজৰ ওপৰত থৈ টোপনি গৈছে। গিলাচটো ধোৱা হোৱা নাই। গিলাচত গাখীৰৰ দাগ লাগি
আছে। গিলাচত গাখীৰৰ চিহ্ন দেখি গাখীৰৰ লগত সৰহকৈ টোপনিৰ দৰৱ খোৱাৰ ফলত মৃত্যু হ'ব পাৰে বুলি আৰক্ষীয়ে
সন্দেহ প্ৰকাশ কৰিলে। প্রাথমিক তদন্তৰ পাছত মৃতদেহটো পোষ্টমৰ্টেমৰ কাৰণে সদৰলৈ
পঠিয়াই দিলে আৰু গিলাচটো পৰীক্ষা কৰাৰ কাৰণে পঠিয়াই দিলে পৰীক্ষাগাৰলৈ । সন্দেহ কৰা মতেই সৰহকৈ টোপনিৰ দৰৱ খোৱাৰ
ফলতে মৃত্যু হোৱা বুলি পোষ্টমর্টেম ৰিপোৰ্ট ওলাল। কিন্তু কি কাৰণত সহৰকৈ টোপনিৰ
দৰৱ খালে, পুলিচৰ তদন্তত তাৰ কোনো
সন্ধান নুলাল।
কি হ’ল, পেহী? তছলিমে
নীৰৱতা ভংগ কৰি সুধিলে।
মর্জিনা পেহীয়ে সেমেনা-সেমেনি কৰি ক'লে- চাহাবে কি কাৰণত
টোপনিৰ ঔষধ খাইছিল সেয়া আজিও ৰহস্য হৈ আছে।
তাৰ মানে তুমি ক'ব খোজা নেকি, চাহাবে নিজৰ ইচ্ছাত টোপনিৰ দৰৱ খোৱা নাছিল, কোনোবাই
খুৱাইছিলহে?
তছলিমে মর্জিনা পেহীৰ প্ৰতিক্ৰিয়া জানিবলৈ তাইৰ
ফালে চালে।
মর্জিনা পেহী বিমোৰত পৰিল। ক'লে- মইনো কেনেকৈ ক’ম! সৰহকৈ টোপনিৰ দৰৱ খোৱাৰ কি দৰ্কাৰ আছিল চাহাবৰ! সেই কাৰণেহে কৈছো ৷ তাৰ
মানে তুমি ক'ব খোজা নেকি, চাহাবে
আত্মহত্যা কৰা নাছিল?
মোৰতো তেনেকুৱাই বিশ্বাস। মর্জিনা পেহীয়ে ক'লে- মূৰ্খ হ'লেও মানুহৰ মনৰ ভাব অলপ হ'লেওতো বুজি পাও! আত্মহত্যা
কৰিব পৰা কোনো লক্ষণে নাছিল তেওঁৰ আচৰণত। তদুপৰি কমল দাসে ঘোচ দিবলৈ অহাৰ তিনিদিন
পাছতে ঘটনাটো ঘটিল।
কমল দাসে কিবা কৰিছিল বুলি তোমাৰ সন্দেহ হয় নেকি? তছলিমে সুধিলে।
একমাত্র কমল দাসে নহয়, তাৰ লগত বেলেগো জড়িত
থাকিব পাৰে। মর্জিনা পেহীয়ে ক'লে- কিন্তু এইবোৰ কথা আপুনি
বেলেগক নক’ব। এয়া মোৰ অনুমানহে মাথোন ।
নকওঁ। এইদৰে আশ্বাস দি তছলিমে সুধিলে- বেলেগ কোন
জড়িত থাকিব পাৰে বুলি ভাবা?
সেয়া মই কেনেকৈ জানিম! মর্জিনা পেহীয়ে ক'লে- প্ৰেমত ব্যৰ্থ হোৱাৰ
কাৰণে আত্মহত্যা কৰিব পাৰে বুলিও বহুতে ক'ব খোজে।
ব্যর্থ প্রেম মানে? তছলিমে সুধিলে- চাহাব প্ৰেমত
পৰিছিল নেকি?
কিয়, আপুনি জনা নাই নেকি? মর্জিনা
পেহী উৎসাহিত হৈ উঠিল-ববিতাৰ লগত চাহাবৰ ভালপোৱা আছিল। জীয়াই থাকিলে বিয়াও হ'লহেঁতেন।
তছলিমে কথাটো বুজিও নুবুজাৰ ভাও জুৰি সুধিলে-
ববিতা! কোন ববিতা?
ডাক্তৰৰ ছোৱালী ববিতা। মর্জিনা পেহীয়ে কথাটো
স্পষ্ট কৰিবলৈ ক'লে- মৌচুমীৰ বায়েক। আপুনি বোলে সিদিনা সিহঁতৰ ঘৰলৈকো গৈছিল!
অ' হয় নেকি ! তছলিমে ক’লে- এতিয়া
চিনিব পাৰিছো। হয়, মই সিদিনা সিহঁতৰ ঘৰলৈ গৈছিলো। মৌচুমীও
আছিল মোৰ লগত । ডাক্তৰৰ ছোৱালী বুলি কোৱাতহে বুজাত অলপ অসুবিধা হৈছিল । মই শুনা মতে ববিতাৰ দেউতাক ফাৰ্মাচিষ্টহে
আছিল!
ফাৰ্মাচিষ্ট হ'লেও এতিয়াৰ বহু পাছৰ ডাক্তৰতকৈ
ভাল আছিল। মর্জিনা পেহীয়ে আৰম্ভ কৰিলে- এতিয়াহে পাছৰ ডাক্তৰ হৈছে। আগৰ দিনত
যেতিয়া ডাক্তৰ নাছিল, তেতিয়া ববিতাৰ দেউতাক এই অঞ্চলৰ
ধন্বন্তৰি স্বৰূপ আছিল। তেওঁৰ হাত যশো আছিল যথেষ্ট। তেওঁৰ হাতৰ স্পৰ্শ পালেই ৰোগী
ভাল হৈ উঠিছিল। দূৰ-দূৰণিৰ পৰাও বহু মানুহ তেওঁৰ ওচৰলৈ চিকিৎসা হ'বলৈ আহিছিল।
কথাটো মর্জিনা পেহীয়ে মিছা কোৱা নাই। আগৰ দিনত
এই সকল ডাক্তৰৰ ওপৰতে মানুহৰ জীৱন-মৰণ নিৰ্ভৰ কৰিছিল। তেওঁলোকৰ কোনো আনুষ্ঠানিক
শিক্ষা নাছিল। তেওঁলোকৰ নিচিনাই কোনোবা এজন ডাক্তৰৰ তলত কাম কৰি অভিজ্ঞতা অৰ্জন
কৰি চিকিৎসা আৰম্ভ কৰিছিল। কোনো অত্যাধুনিক যন্ত্ৰ তেওঁলোকে ব্যৱহাৰ নকৰিছিল। ‘ষ্টেথ’স্কোপ” আৰু “চিৰিঞ্জে' তেওঁলোকৰ ৰোগ নিৰ্ণয়ৰ মুখ্য আৰু একমাত্ৰ আহিলা আছিল। ঔষধৰ ভিতৰত আছিল
টেবলেট আৰু পাউডাৰ। ঔষধৰ পাউডাৰ মিহলি কৰি তেওঁলোকে মিশ্রণ তৈয়াৰ কৰিছিল।
তেওঁলোকৰ নাড়ী টিপি ৰোগ নিৰ্ণয়ৰ ক্ষমতা আছিল অপৰিসীম। সেয়ে আজি-কালিৰ ডাক্তৰৰ
দৰে আনুষ্ঠানিক শিক্ষা নাথাকিলেও ডাক্তৰ হিচাপে তেওঁলোকৰ বহুতেই সফলতা লাভ কৰিবলৈ
সক্ষম হৈছিল।
তছলিমে মর্জিনা পেহীক শলাগিলে-তুমি সঁচা কথা কৈছা, পেহী। আগৰ দিনত এইসকল
ডাক্তৰ নাথাকিলে হয়তো এতিয়ালৈকে আমাৰ জন্মনিয়ন্ত্রণ কৰাৰ প্ৰশ্নই উত্থাপন নহ'লহেঁতেন।
মর্জিনা পেহী জিকাৰ খাই উঠিল জন্মনিয়ন্ত্ৰণৰ কথা
শুনি। ক’লে-বাদ দিয়া তোমাৰ জন্মনিয়ন্ত্ৰণ!
জন্মনিয়ন্ত্ৰণ কৰাৰ কি প্রয়োজন? মুখ আল্লাহই দিছে যেতিয়া
আহাৰো তেৱেঁ দিব।
এইবোৰ আগৰ দিনৰ কথা পেহী। তছলিমে ক'লে- আগৰ দিনত মানুহ ‘জোৰ যাৰ, মুল্লুক তাৰ' নীতিত
চলিছিল। এইবোৰ হ'ল পশুৰ আচাৰ। এইবোৰ মানুহৰ কাৰণে বর্তমান অপবাদ। গতিকে
আমি জন্মনিয়ন্ত্ৰণ কৰিবই লাগিব। আগৰ দৰে চলিলে পঞ্চাশ বছৰ পাছত পৃথিবীৰ ওজনতকৈ
মানুহৰ ওজন অধিক হৈ যাব। তেতিয়া পৃথিবীখনে লুটি খাই পৰিব। তেতিয়া কোনো আল্লাহই তোমাক ৰক্ষা
কৰিবলৈ নাহে৷ কাৰণ আল্লাহই কৈছে- যি জাতিয়ে নিজৰ ভাগ্য নিজে পৰিৱৰ্তন নকৰে সেই
জাতিক আল্লাহই সহায় নকৰে। আমি পৰিৱেশৰ লগত খাপ খোৱাই চলিলেহে আল্লাহই আমাক সহায় কৰিব ৷ পেহা
অশিক্ষিত আছিল, তুমি অশিক্ষিতা আছিলা, ছোৱালী দুজনীক শিক্ষিতা কৰিলা
কিয়? যুগৰ লগত খাপ খোৱাই চলাৰ কাৰণে নহয় জানো?
আটায়ে আজি-কালি তেনেকুৱা কৰি আছে। মর্জিনা
পেহীয়ে ক'লে- গতিকে আমিও কৰিছো ।
এতিয়া বুজি পাইছানে, যুগে যি বিচাৰে আমি
তেনেকৈয়ে চলিব লাগিব। তছলিমে ক’লে- আমি টানত পৰি হ'লেও জন্মনিয়ন্ত্ৰণ কৰিব লাগিব ৷ কাৰণ টানত পৰিলে হেনো বাঘেও ঘাঁহ খায়।
মর্জিনা পেহীয়ে তছলিমৰ সুৰতে সুৰ মিলাই ক’লে- কথাটো মিছা নহয়।
ববিতাৰ ক্ষেত্ৰতো সেয়াই হৈছে। টানত পৰিয়েতো তাই এই বিয়াত সোমাইছে। তাই নিজে নক'লেও বুজিব পাৰি, এতিয়ালৈকে তাই আগৰ্জন চাহাবক
পাহৰিবপৰা নাই। বৰ্তমানৰ গিৰিয়েকৰ লগত তাইৰ মুঠেই সদ্ভাৱ নাই ৷
পৰচৰ্চা কৰি লাভ নাই. পেহী। তছলিমে হাতঘড়ীটোলৈ
চাই ক'লে- মই এপাক বজাৰলৈ যাব
লাগিব । তুমি ৰন্ধা-বঢ়া কৰি থ’বা। বজাৰৰপৰা আহি ভাত-পানী খাই অফিচলৈ যামহি।
তছলিমে খৰধৰ কৰি চোলা গাত জাপি বজাৰলৈ বুলি ওলাই
আহিল । বজাৰলৈ যোৱাৰ বাটতে স্থানীয় থানাৰ অ’চি নৃপেন ৰয়ক লগ পালে। নৃপেন ৰয়
তাৰ সহপাঠী আছিল। সিহঁত হাইস্কুললৈকে একেলগে পঢ়া-শুনা কৰিছিল। নৃপেন ৰয়ে বাইকত
উঠি গৈ আছিল। তছলিম গৈ আছিল খোজ কাঢ়ি। তছলিমক দেখি সি বাইক ৰখাই সুধিলে- আৰে,
তছলিম দেখোন! তই আকৌ ক'ৰপৰা ওলালি । ইয়াত তই কি কৰিছ? তোক ভাই বহুদিনৰ মূৰত লগ পালো।
মই এসপ্তাহমান আগত ইয়াৰে বিডিও অফিচত জুনিয়ৰ
ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছো। তছলিমে ক’লে- তাৰ মানে তয়ো ইয়াতে আছ? ভালেই
হ'ল লগ এজন পালো।
ময়ো ইয়াত এমাহমান আগত জইন কৰিছো। নৃপেন ৰয়ে ক’লে- সুযোগ পালে থানালৈ
ফুৰিবলৈ যাবিচোন। মোৰ আকৌ যি চাকৰি কেতিয়া ক’লৈ যাব লাগে
একো ঠিক নাই। পাৰিলে সন্ধিয়া যাবি।
হ'ব বাৰু। তছলিমে ক’লে- সময়-সুযোগ
পালে তয়ো যাবি।
নিশ্চয় যাম। নৃপেন ৰয়ে সুধিলে- বজাৰলৈ গৈ আছ
নেকি?
এৰা, বজাৰলৈ যাবলৈয়ে ওলাই আহিছো ।
উঠ মোৰ বাইকত। ময়ো বজাৰলৈকে যাম।
তছলিমে বিশেষ আপত্তি নকৰাকৈ বাইকত উঠি বহিল।
(তেৰ)
নিশা আঠমান বাজিছিল৷ আকাশত বিজুলি চমকি আছিল।
ফিদুছ আহমেদে ফাৰ্মাচি বন্ধ কৰাৰ কাৰণে প্ৰস্তুতি চলাই আছিল, এনেতে হঠাৎ বাহিৰত বাইকৰ
শব্দ শুনা গ’ল। ‘এই সময়ত কাৰ কি
প্রয়োজন পৰিল' এনেকুৱা এক মনোভাব লৈ সি বাহিৰৰ ফালে জুমি
চালে ৷ বাহিৰত কমল দাসক বাইক ষ্টাণ্ড কৰি থকা দেখিলে। খন্তেক পাছতে কমল দাস
ফাৰ্মাচিৰ দুৱাৰ মুখত ৰৈ মাতিলে- ফাৰ্মাচি বন্ধ কৰিলেই নেকি?
কিনো কৰিব! ফিৰদুছে ক’লে- বতৰ ভাল নহয়। সচৰাচৰ ন বজাত বন্ধ কৰো যদিও বতৰৰ কাৰণে
অলপ আগতীয়াকৈয়ে বন্ধ কৰিলো ৷ বৰষুণ দিবই যেন পাও! কমদ দাসে ক'লে- সদৰলৈ গৈছিলো। বৰষুণৰ
কাৰণেই খৰধৰ কৰি আহিলো।
দহ মিনিটমান পাছত আহিলেই নাপালেহেঁতেন। ফিদুছে ক’লে- পিছে, আপোনাৰ খা-খবৰ কওঁক ।
খা-খবৰনো আৰু কি ক’ম! কমল দাসে নিজকে ধিক্কাৰ দিয়াৰ
দৰে ক'লে- ঠিকাদাৰবিলাকৰ ক’তো শান্তি
নাই বুজিছে।
ঠিকাদাৰসকলেইতো সুখী! ৰাস্তাত এপাচি শিলগুটি
পেলাই এট্রাক টকা গণাৰ সুবিধা একমাত্ৰ ঠিকাদাৰসকলৰে আছে! আমাৰ চাওঁক, নগদ টকা দি মাল আনিম,
বাকী দি তহবিল শূন্য।
হ'লেও দিয়কচোন বেলেগ লেঠা নাই। কমল দাসে ক'লে- আমাৰতো পিয়ন-চকীদাৰৰ পৰা আৰম্ভ কৰি একেবাৰে ওপৰ মহলালৈকে মন যোগাই
চলিব লাগে। ইয়াৰ মাজতে কোনোবা যুধিষ্ঠিৰ পুত্ৰ ওলালেতো ভিকাচনে ভাগে। চালান লৈ
টনা-টনি লাগি যায় ৷
শুনিলো, আপুনি বোলে বহু টকাৰ ‘ৰেষ্ট
প্লেটফর্ম' (আপদকালীন ভেটি। বানপানীৰ সময়ত জীৱ-জন্তুই
আশ্ৰয় লোৱা ঠাই)ৰ কাম পাইছে! ফ্ৰিব্ৰুছে ক’লে- কাম আৰম্ভ
কৰিলেই নেকি?
তাকে লৈয়েতো লেঠা! কমল দাসে ক'লে- বিছ লাখ টকাৰ কাম । ইতিমধ্যে দুই লাখ টকা ইজনক সিজনক তোষামোদ
কৰোঁতে পানীত পৰিলেই। ভাবিছিলো ৰানিং বিল এটা
বনাম! বিডিও, পিডিৰ পৰা আৰম্ভ কৰি
সকলোকে মেনেজ কৰিছিলো। কিন্তু যুধিষ্ঠিৰ পুত্ৰই বোলে কাম নহ'লে
বিল বনাব নোৱাৰে!
যুধিষ্ঠিৰ পুত্ৰ মানে! ফ্ৰিব্ৰুছে কথাটো বুজিব
নোৱাৰি সুধিলে- কোননো?
নতুনকৈ অহা জুনিয়ৰ ইঞ্জিনিয়াজন। কমল দাসে ক'লে- দেখাত প্রায় আগৰ
ইঞ্জিনিয়াৰ্জনৰ দৰেই। বিল বনোৱাৰ কাৰণে টকাও যাচিলো। টকা লোৱাতো দূৰৰে কথা,
ওলোটাই মোক ধমকি দিলে।
মিনিষ্টাৰক কৈ ট্ৰেন্সফাৰ নকৰায় কিয়?ফিৰদুছে পৰামৰ্শ আগবঢ়ালে।
কমল দাসে ক'লে- ট্ৰেন্সফাৰ কৰাবলৈ হ'লেওতো
সময় লাগিব! সেইবোৰ হোমিওপেথিক চিকিৎসা, তেওঁৰ কাৰণে
এলোপেথিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। এইদৰে মন্তব্য কৰি অন্যমনস্কভাবে খন্তেক
ভাবি ক'লে- মৌচুমীৰ দেখিছো, তাৰ লগত
খুউব ভাব জমি উঠিছে! গম পায়নে কিবা?
নাই, নাপাও দেখোন! ফিৰদুছে অজ্ঞতা প্রকাশ কৰি ক'লে- মই এসপ্তাহমান ঘৰত নাছিলো। ব্যৱসায় সংক্ৰান্তত গোৱালপাৰালৈ গৈছিলো।
কালি ৰাতিপুৱা আহি পাইছো৷
কমল দাসে চকীখন ফিৰদুছৰ কাষলৈ চপাই আনি ক'লে- আপোনাৰ ঘৰলৈকো যায়
বুলি খবৰ পাইছো।
আমাৰ ঘৰলৈ ! কোনে ক'লে? ফ্ৰিব্ৰুছে
অবিশ্বাসৰ সুৰত ক'লে ।
সিদিনা মই নিজেই দেখিছো। কমল দাসে কথাটো বুজাই ক'লে- সিদিনা মই আপোনাৰ ঘৰৰ
আগেদি আহি থাকোঁতে সিহঁতক বাৰাণ্ডাত বহি থকা দেখিছো । ৰহমতেও হেনো সিদিনা চাহ দোকানত একেলগে
চাহ খাই থকা দেখা পাইছে।
কথাষাৰ শুনি ফিৰদুছ কিছু অন্যমনস্ক হৈ পৰিল। কাৰণ
ইতিমধ্যে সি মৌচুমীৰ কাৰণে দৰা ঠিক কৰি থৈছেই। ল'ৰাজন ভাল। তাৰ নিৰ্দেশত উঠ-বহ
কৰে। বেলেগত বিয়া হ'লে সেই দৰাৰ ওপৰত তাৰ কৰ্তৃত্ব নাথাকিবও
পাৰে! সেয়ে সি ক'লে- মই ইতিমধ্যে মৌচুমীৰ কাৰণে দৰা ঠিক কৰি
থৈছোঁই দেখোন!
দৰা ঠিক কৰি থৈছে মানে! কমল দাসে ক'লে- ময়ো দেখোন তাইৰ কাৰণে
দৰা ঠিক কৰিছো৷
ৰহমত। মোৰ সহকাৰী। কমল দাসে ক'লে- সি মৌচুমীক ভাল পায়।
কিন্তু মৌচুমীয়ে জানো তাক বিয়া কৰাবলৈ সন্মত হ’ব? ফ্ৰিব্ৰুছে
সেমেনা-সেমেনি কৰি ক'লে- সি বোলে আলফাত আছিল !
আপুনি দৰা ঠিক কৰিছে, মানে ? ফ্ৰিব্ৰুছে বিব্ৰত কণ্ঠত সুধিলে- কোন?
আছিলহে। এতিয়াতো নাই। কমল দাসে ক’লে- চাকৰি নাপাইহে আলফাত
সোমাইছিল! ল'ৰাজন আচলতে বেয়া নহয়৷
কমল দাসে ভাল বুলি কৈছে যেতিয়া বেয়া বুলি কোৱাৰ
সাহস ফিছৰ নাই। কাৰণ ইয়ালৈ অহাৰ পাছৰপৰা কমল দাসে তাক নানাভাবে সহায় কৰি আছে।
বিশেষকৈ ববিতাৰ লগত বিয়াৰ ক্ষেত্ৰতো কমল দাসেই আগভাগ লৈছিল। ববিতাতো সন্মত
নাছিলেই তাইৰ মাক মাছুমা বেওৱাও সন্মত নাছিল। পীৰ জাহান প্ৰথমাৱস্থাত ফিছৰ ফালে
কিছু ঢাল খোৱা আছিল যদিও শেষলৈ গৈ সিয়ো বিৰোধিতা কৰিবলৈ লৈছিল। অৱশ্যে কাৰণ
স্পষ্ট নাছিল। ইয়াৰ মাজতে হঠাৎ তাৰ একচিডেণ্ট হৈ মৃত্যু হ'ল। পীৰ জাহানৰ দুৰ্ঘটনাৰ
পাছত কমল দাসৰ চেষ্টাতহে ববিতাক বিয়া কৰোৱাটো সম্ভৱ হৈছে।
কমল দাস আগতে আলফা আছিল। আত্মসমৰ্পমণ কৰিছে।
বর্তমান ছালফা। গতিকে এই অঞ্চলৰ আটায়ে তাক সমীহ কৰি চলে। সি আগভাগ লোৱাৰ কাৰণেহে
মাছুমা বেওৱাই বিয়াত সন্মতি দিছিল।
গতিকে কমল দাসৰ বিৰুদ্ধে যোৱাৰ সাহস ফিছৰ নাই।
সেয়ে সি ক'লে- আপুনি কৈছে যেতিয়া মোৰ ইয়াত আপত্তি নাই।
ৰহমতে মৌচুমীক ভাল পায়। কমল দাসে ক'লে- তাইক নাপালে সি বহু
কিবা-কিবি কৰিব পাৰে। জানেইতো সি আলফাত আছিল। পিস্তল এটা তাৰ লগত থাকেই। সি ইচ্ছা কৰিলে বিনা দোষতে দিন-দুপৰতে
মানুহ ফুটাই দিব পাৰে। এইদৰে প্ৰকাৰন্তৰে ধমকি দি সি প্ৰসংগ সলনি কৰি ক'লে- বৰষুণ দিবই কিজানি!
বৰষুণ দিয়াৰ আগতেই ঘৰ গৈ পাব লাগিব। আপুনিও যাওঁকগৈ।
কমল দাস ফাৰ্মাচিৰপৰা ওলাই গ'ল। ফিছ নিজেও হিচাপ সামৰি
ততাতৈয়াকৈ ঘৰলৈ বুলি ওলাই আহিল। ইতিমধ্যে দুই এক টোপালকৈ বৰষুণ পৰিবলৈ আৰম্ভ
কৰিছিলেই। সি কোনোমতে দৌৰি আহি ঘৰ পালেহি।
বাৰাণ্ডাত থকা মেজৰ ওপৰত সি কাপ-প্লেট
বিশৃংখলভাবে পৰি থকা দেখিলে। তিনিটা কাপ আৰু তিনিখন প্লেট। কাষতে বিস্কুট খালী
পেকেট এটা পৰি আছিল। তাৰ মানে অলপ আগতে ইয়াত বহি একেলগে তিনিজন মানুহে চাহ খাইছে!
কাপ-প্লেটবোৰ এতিয়ালৈকে আঁতৰাই নিয়া হোৱা নাই। কিন্তু কোন আহিছিল ? অলপ আগতে কমল দাসে কোৱা
সেই নতুন অভাৰচিয়াজন নহয়তো ! কি নাম কৈছিল তাৰ! অ' মনত
পৰিছে। তছলিম। মানে তছলিম আহমেদ ৷ তাৰ লগত আৰু কোন আছিল? সম্ভৱতঃ
মৌচুমী!
এইদৰে ভাবি থাকোঁতেই ববিতা বাৰাণ্ডালৈ ওলাই আহিল।
তাইক দেখি ফ্ৰিব্ৰুছে সুধিলে- কোনোবা আহিছিল নেকি?
ববিতাই লুক-ঢাক নকৰাকৈ ক'লে- মৌচুমী আৰু নতুনকৈ অহা
অভাচিয়াজন আহিছিল। এসপ্তাহ মান আগতে জইন কৰিছে। নাম তছলিম। ঘৰ নগাঁৱৰ ফালে ৷
আপুনি অহাৰ আগে আগে গ'ল। এই কেইদিন আপুনি গোৱালপাৰাত আছিল
কাৰণে লগ পোৱা নাই। ল'ৰাজন ভাল। অমায়িক। মৌচুমীৰ আজি নাইট
ডিউটি আছে। তাইৰ লগত আহিছিল।
ফিৰদুছৰ ভ্ৰূযোৰ কোঁচ খাই গ'ল। কমল দাসে কোৱা কথা তেনেহ'লে মিছা নহয়! সি ক'লে- মৌচুমীৰ লগত আহিছিল মানে !
আগৰ পৰাই তাইৰ লগত চিনাকি আছিল নেকি?
নাই নাই, আগৰ পৰা চিনাকি নাছিল । ববিতাই ক'লে- ইয়ালৈ অহাৰ পাছত চিনাকি
হৈছে।
তুমিয়ে ক'লা, এসপ্তাহ আগতে জইন কৰিছে!
ফ্ৰিব্ৰুছে ঠাট্টাৰ সুৰত ক'লে- এই এসপ্তাহতে ইমান ঘনিষ্ট হৈ
পৰিল নেকি? চাহ খাবলৈ বায়েকৰ ঘৰলৈ মাতে!
ববিতাই ক'লে- স্বভাৱৰ মিল থাকিলে ঘনিষ্ট হ'বলৈ সময় নালাগে। ল'ৰাজন ভাল। স্মার্ট। চাকৰি কৰে।
দুদিনতে ভাল-বেয়াৰ খবৰ কৰিলাই নেকি ? ফ্ৰিব্ৰুছে উপদেশৰ সুৰত ক'লে- মানুহ চিনা ইমান সহজ নহয়। এজন মানুহৰ লগত দহ বছৰৰ থাকিলেই তাৰ
স্বভাৱৰ বিষয়ে ক'ব পৰা নাযায় আৰু দুদিনৰ চিনাকিতে ইমান
ডাঙৰ চাৰ্টিফিকেট দিলা! বাৰু, যি ভাল দেখা কৰা। মোৰ কোনো
আপত্তি নাই! কিন্তু চাবা, শেষত যাতে দুর্নাম নহয়। দুর্নাম হ'লে মই কিন্তু দুর্নামৰ অংশীদাৰ নহওঁ।
মৌচুমীৰ এতিয়া বুজিব পৰা যথেষ্ট বয়স হৈছে। ববিতাই
ক'লে- আমি এতিয়া সেই বিষয়ে
চিন্তা নকৰিলেও হ'ব। তাই প্ৰসংগ সিমানতে সামৰিবলৈ ক'লে- ফাৰ্মাচি দেখোন আজি সোনকালে বন্ধ কৰি আহিল?
বতৰৰ অৱস্থা ভাল নহয়। ফ্ৰিব্ৰুছে ক’লে- গতিকে অলপ সোনকালেই
বন্ধ কৰিলো। ইফালে ল'ৰাজনো নাই। মাকৰ অসুখৰ কাৰণে ঘৰলৈ গৈছে।
এইদৰে কৈ ফ্ৰিছ ভিতৰলৈ সোমাই গ'ল। ববিতাই কাপ-প্লেটবোৰ
সামৰিবলৈ লাগি গ'ল।
(চৈধ্য)
তছলিমে নৃপেন ৰয়ক গেটৰ সন্মুখতে লগ পালে। নৃপেন
ৰয়ে এজন ডেকাৰ লগত কথা পাতি আছিল ৷ তছলিমক দেখি সি মাত লগালে- আৰে, তছলিম তই! আহ, কোৱাৰ্টাৰতে বহোগৈ ৷ এইদৰে তছলিমক অভ্যর্থনা জনাই কথা পাতি থকা ডেকাজনক
উদ্দেশ্য কৰি ক'লে- মোৰ ল'ৰালিৰ বন্ধু।
হায়াৰ চেকেণ্ডাৰীলৈকে একেলগে পঢ়িছো। ইয়াৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ
জুনিয়ৰ ইঞ্জিনিয়াৰ। কেইদিনমান আগতে জইন কৰিছে।
ডেকাজনে তছলিমৰ লগত কমদন কৰি নিজৰ পৰিচয় দিলে-
ৰহমত উল্লাহ। সিদিনা কমল দাসৰ লগত আপোনাৰ কোৱাৰ্টাৰলৈ গৈছিলো। অৱশ্যে সিদিনা
আপোনাৰ লগত কোনো কথা হোৱা নাছিলো। এইদৰে নিজৰ পৰিচয় দি ডেকাজনে নৃপেন ৰয়ক
উদ্দেশ্য কৰি ক’লে- বাৰু, আপুনি বন্ধুৰ লগত কথা পাতক। মই আবেলি আহি
আপোনাক লগ কৰিমহি।
ৰহমত গুচি গ'ল।
তছলিমে ৰহমতক চিনিব পাৰিলে। ৰহমত কমল দাসৰ
সহকাৰী। সিদিনা কমল দাসে টকা ভেটি দিবলৈ যাওঁতে ৰহমত তাৰ লগত গৈছিল। সেয়ে সি
নৃপেন ৰয়ক উদ্দেশ্য কৰি ক'লে- তই ডেকাজনক চিনি পাৱ নেকি?
নৃপেন ৰয়ে সুধিলে- কিয় সুধিলি? তই চিনি পাৱ নেকি?
তেনেকৈ অৱশ্যে নাপাও । তছলিমে ক'লে- সিদিনা কমল দাস নামৰ ঠিকাদাৰ
এজনৰ লগত এই ডেকাজন মোৰ কোৱাৰ্টাৰলৈ গৈছিল।
নৃপেন ৰয়ে আগ্ৰহেৰে ক'লে- কমল দাসক তেনেহ'লে তই চিনি পাৱ! বৰ সাংঘাতিক মানুহ। আগতে হেনো আলফাত আছিল৷ বৰ্তমান ছালফা।
ঠিকাদাৰ। মন্ত্ৰী, বিধায়কৰ লগত সম্পর্ক ভাল। পিচে, তোৰ ওচৰলৈ কিয় গৈছিল?
তছলিমে সিদিনাৰ সেই তিক্ত অভিজ্ঞতাৰ কথা গোপন কৰি
ক'লে- আমাৰতো ঠিকাদাৰৰ লগতে
কাম-কাজ! বিল এটাৰ কাৰণে গৈছিল।
বিদেশ বিভুঁই। অলপ চাই-চিতি চলিবি। নৃপেন ৰয়ে
পৰামৰ্শৰ সুৰত ক'লে- এইবোৰ মানুহ ভাল নহয়। ইহঁতে কৰিব নোৱাৰা কামেই নাই। স্বাৰ্থৰ ব্যাঘাত
হ’লে ইহতে সাংঘাতিক কিবা কৰিব পাৰে! গতিকে পেটে পেটে বেয়া
পালেও, ওপৰে ওপৰে ভালৰি বোলাই চলিব লাগিব। বাৰু, তই ককাইদেৱে
আত্মহত্যা কৰা বুলি ভাব নেকি?
আটায়ে অৱশ্যে আত্মহত্যা কৰা বুলিয়ে কয়। তছলিমে
ক’লে- মই কিন্তু আত্মহত্যা
কৰা বুলি বিশ্বাস নকৰোঁ ৷
তাৰ মানে তই ক'ব খুজিছ, তেওঁক
হত্যা কৰা হৈছিল ? নৃপেন ৰয় লৰি-চৰি বহিল৷
এৰা, একমাত্ৰ ময়ে নহয়। তছলিমে ক'লে-
মর্জিনা পেহীয়েও তেনেকৈ ভাবে।
তছলিমে সিদিনা মর্জিনা পেহীয়ে কোৱা কথাবোৰ ভাঙি
পাতি ক’লে।
তছলিমৰ কথাবোৰ শুনি নৃপেন ৰয়ে ক’লে- মর্জিনা পেহীৰ মতেও
তেনেহ'লে ককাইদেউক হত্যা কৰা হৈছিল?
মোৰতো তেনেকুৱাই ধাৰণা! তছলিমে এইদৰে নিজৰ মত
ব্যক্ত কৰি ক'লে- কিন্তু পাঁচ বছৰ আগৰ ঘটনা, এতিয়া কিবা কৰিব পৰা
যাব জানো?
নিশ্চয় যাব। নৃপেন ৰয়ে ক’লে- কিবা ‘ক্লু’ পালে কেছটো নতুনকৈ ইনভেষ্টিগেশ্বন কৰাত কোনো
বাধা নাই। তই মিৰাণ ককাইদেউৰ ভায়েক বুলি পৰিচয় দিছ নেকি মর্জিনা পেহীক?
নাই দিয়া। তছলিমে চমু উত্তৰ দিলে।
পৰিচয় নিদিলেও তই মিৰাণ ককাইদেউৰ ভায়েক বুলি
তাই অনুমান কৰিব পাৰিছে। নৃপেন ৰয়ে ক'লে- কাৰণ তই আৰু মিৰণ ককাইদেউ দেখিবলৈ প্ৰায় একেই!
স্থূল দৃষ্টিৰ মানুহেও অকনমান মন কৰিলেই তইযে মিৰণ ককাইদেউৰ কোনোবা আপোন মানুহ এই
কথা উপলব্ধি কৰিব পাৰিব। কাৰণ তেজৰ সম্পৰ্ক নাথাকিলে ইমান সাদৃশ্য হোৱাটো সম্ভৱ
নহয়৷
তই কোৱা কথা ঠিকেই। তছলিমে ক'লে- ইয়ালৈ অহাৰ পাছৰ পৰা
বহুতেই মোক দেখি উচাপ খাই উঠিছে! তই কোৱা ধৰণে পেহীয়ে নিশ্চয় কথাটো অনুমান কৰিব
পাৰিছে। তই পুলিচৰ মানুহ! তই চ্ছিা কৰিলে পেহীৰপৰা কথাটো উলিয়াব পাৰিবি।
মোক পুলিচৰ মানুহ বুলি জানিলে, হিতেই শেষত বিপৰীত হ'বগৈ। নৃপেন ৰয়ে অসুবিধাৰ কথা জনালে।
চিভিলত যাবি। তছলিমে পৰামৰ্শ আগবঢ়ালে- তই তোৰ
পৰিচয় নিদিলেই হ'ল। মই তোক মোৰ বন্ধু বুলি পৰিচয় দিম। এতিয়া পেহী মোৰ কোৱাৰ্টাৰতে আছে।
যদি অসুবিধা নাই, এতিয়াই ব’ল।
তই কৈছ যেতিয়া ব’ল। নৃপেন ৰয়ে ক’লে- যদি কিবা ক্লু উলিয়াব পাৰো !
দুয়ো আহি তছলিমৰ শোৱনি কোঠালিত বহিল। তছলিমে
মর্জিনা পেহীক মাতি দুকাপ চাহৰ অৰ্ডাৰ দিলে। খন্তেক পাছতে তাই চাহ আনি মেজৰ ওপৰত থ’লে।
তছলিমে একাপ চাহ নৃপেন ৰয়ৰ ফালে আগবঢ়াই মর্জিনা
পেহীক উদ্দেশ্য কৰি ক'লে- পেহী, এওঁ মোৰ বন্ধু। আমাৰ ঘৰ একেটা অঞ্চলতে।
স্কুল-কলেজত দুয়ো একেলগে পঢ়িছো। বাটত লগ পাই লৈ আহিলো।
ঘনিষ্ট হ'বলৈ নৃপেন ৰয়ে মর্জিনা পেহীক উদ্দেশ্য কৰি ক'লে- তছলিমৰ পেহী যেতিয়া ময়ো পেহী বুলি মাতিম, নে
কি কয় পেহী? তোমাৰ আপত্তি নাইতো?
মর্জিনা পেহীয়ে নৃপেন ৰয়ৰ ফালে কৌতূহলেৰে চাই ক'লে- আটায়ে মোক পেহী
বুলিয়ে মাতে। আপুনিও মাতিব। ইয়াত আকৌ আপত্তি কৰিব লগা কি আছে?
নৃপেন ৰয়ে ক'লে- বহাচোন পেহী, তোমাৰ লগত কথা
আছে।
মোৰ লগত কথা! মর্জিনা পেহীয়ে ক'লে- ভাত বহাম। গতিকে কি ক'ব খুজিছে, কওঁক। থিয় দিয়ে শুনিম।
কথা বিশেষ একো নহয়। নৃপেন ৰয়ে ক’লে- মোৰ এজনী পার্ট টাইম
ৰান্ধনীৰ প্ৰয়োজন। তোমাৰ চিনা-জনাৰ ভিতৰত কোনোবা আছে নেকি ?
খবৰ কৰিব লাগিব। মর্জিনা পেহীয়ে ক'লে- সন্ধান পালে আপোনাক
জনাম, বাৰু
ঠিক আছে। নৃপেন ৰয়ে ক’লে- মোৰ পৰিচয়তো ইতিমধ্যে
তছলিমে দিছেই! মোৰ ঘৰত থকা আৰু তছলিমৰ ঘৰত থকা একেটাই কথা হ'ব।
গতিকে তুমি যেনে-তেনে চেষ্টা কৰিবা। ৰান্ধনী এজনীৰ কাৰণে মই বৰ অসুবিধাত আছো।
নৃপেন ৰয়ে এইবাৰ আচল কথালৈ আহিল- পিছে পেহী, তুমি হেনো আগৰ
চাহাবৰো ৰান্ধনী আছিলা। সেইজন চাহাবক হেনো পৰিকল্পিতভাবে হত্যা কৰা হৈছিল!
মর্জিনা পেহী এইবাৰ সজাগ হৈ উঠিল। ক'লে- সেইবোৰ চাৰি-পাঁচ বছৰ
আগৰ কথা। সেইবোৰ এতিয়া কৈ লাভ নাই।
নৃপেন ৰয়ে অধিক ঘনিষ্ট হ’বলৈ ক’লে- সঁচা কথা ক'বলৈ গ'লে তোমাৰ
দৰে মোৰ এজনী পেহী আছে। দেখিবলৈ প্ৰায় তোমাৰ দৰেই । তাই মোক খুউব মৰম কৰে৷
আগৰ চাহাবজনেও মোক খুউব মৰম কৰিছিলি। মর্জিনা
পেহীয়ে স্মৃতিৰ পাত লুটিয়াই ক'লে- তেওঁৰ ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম। তেওঁৰ
কাৰণেই মই ছোৱালী দুজনীক পঢ়ুৱাব পাৰিছো।
এষাৰ কথা লক্ষ্য কৰিছানে, পেহী?
কি কথা? মর্জিনা পেহী কৌতূহলী হৈ উঠিল।
নৃপেন ৰয়ে তছলিমৰ ফালে আঙুলিয়াই ক’লে- এওঁ আৰু আগৰজন চাহাবৰ
লগত কিবা সাদৃশ্য লক্ষ্য কৰিছা নেকি?
অৱশ্যেই কৰিছো। মর্জিনা পেহীয়ে ক'লে- দুয়োজন দেখিবলৈ
প্ৰায় একেই।
দেখিবলৈ একে হোৱাৰ কাৰণো আছে। নৃপেন ৰয়ে কথাটো
স্পষ্ট কৰিবলৈ ক'লে- এওঁ আগৰ্জন চাহাবৰ ভায়েক।
মর্জিনা পেহীৰ চকুযোৰ আনন্দত নাচি উঠিল। তাই ক'লে- কথাটো মই আগতেই অনুমান
কৰিছোঁ, যে আগৰজন চাহাবৰ লগত এওঁৰ নিশ্চয় কিবা তেজৰ সম্পৰ্ক
আছে, নহ'লে ইমান সাদৃশ্য থকাটো সম্ভৱ
নহয়, কিন্তু কথাটো ক'বলৈহে সাহস গোটাব
পৰা নাছিলো।
তুমি নিশ্চয় আগৰজন চাহাবক খুউব ভাল পাইছিলা ৷
নৃপেন ৰয়ে ক'লে- যাৰ কাৰণে ইমান দিন পাছতো তেওঁক মনত ৰাখিছা । যাক সঁচা অন্তৰেৰে ভালপোৱা যায় তাক
পাহৰিবলৈ সময় লাগে। পিছে, কোৱাচোন পেহী তেওঁ আত্মহত্যা কৰিছিল, নে কোনোবাই
পৰিকল্পিতভাবে হত্যা কৰিছিল? নৃপেন ৰয়ে পৰিৱেশটো পাতলাবৰ
কাৰণে ক’লে- নাই নাই পেহী, কথাটো তুমি
বেলেগ ভাৱত নিব নালাগে। আমি মাথোন কথাটো জানিবহে বিচাৰিছো ৷
মর্জিনা পেহীৰ মুখমণ্ডল শেঁতা পৰি গ'ল। তাই সেমেনা-সেমেনি কৰি
ক'লে- মই বেলেগ ধৰণে ভাবিলে কি হ’ব!
আটায়ে আত্মহত্যা কৰা বুলিয়ে ভাবে দেখোন !
আটায়ে কি ভাবে সেইবোৰ বাদ দিয়া । নৃপেন ৰয়ে ক’লে- আটায়েতো চাহাবৰ
বিষয়ে ভালদৰে নাজানে ! তুমি চাহাবৰ ৰান্ধনী আছিলা৷ তুমি তাক যিমান ওচৰৰ পৰা
দেখিছা, আনেতো সিমান ওচৰৰ পৰা দেখা নাছিল! গতিকে তুমি চাহাবৰ
বিষয়ে আনতকৈ বহু বেছি জানা।
মোৰ মতেতো হত্যাই কৰা হৈছিল। মর্জিনা পেহীয়ে ক'লে- হত্যাৰ দুদিন আগতে কমল
দাসৰ লগত চাহাবৰ কথা কটা-কটি হৈছিল । পেহীয়ে ভয় বিহ্বল কণ্ঠত ক’লে- চাওঁক, মই নিৰীহ মানুহ। কমল দাসে এইবোৰ কথা শুনিলে মোৰ বিপদ হ'ব। গতিকে আপোনালোকে এইবোৰ কথা কমল দাসক নক'ব।
তুমি এই বিষয়ে একো চিন্তা কৰিব নালাগে। কমল দাসে
মর্জিনা পেহীক এইদৰে অভয় দি ক'লে- তোমাৰ বিপদ মানে আমাৰো বিপদ দিয়াচোন। বাৰু পেহী,
চাহাবে নিতৌ নিশা গাখীৰ খাইছিল নেকি?
হয় খাইছিল। মর্জিনা পেহীয়ে ক'লে- চাহাবে গাখীৰ খুউব ভাল
পাইছিল।
ভাত খোৱাৰ সময়ত খাইছিল, নে শোৱাৰ সময়ত?
শোৱাৰ সময়ত খাইছিল। মর্জিনা পেহীয়ে ক'লে- চাহাবৰ আত্মহত্যাৰ
দিনা সন্ধিয়া মই সাত বজাত ঘৰলৈ গৈছিলো। ঘৰলৈ যোৱাৰ আগতে গাখীৰ উতলাই গিলাচত বাকি
থৈ গৈছিলো।
চাহাবৰ কোঠালিত থৈ গৈছিলা নেকি?
নাই নাই, পাক ঘৰতে থৈ গৈছিলো। মর্জিনা পেহীয়ে ক'লে- আগে-পাচেও তেনেকৈ থৈ গৈছিলো।
চাহাবে টোপনিৰ ঔষধ খাইছিল নেকি?
এই বিষয়ে মই নাজানো। মর্জিনা পেহীয়ে ক'লে- মই কোনোদিন কোঠালিত
টোপনিৰ দৰৱ দেখা নাই। মই টোপনিৰ দৰৱ চিনি পাও । কাৰণ আমাৰ ঘৰত ছোৱালীৰ বাপেকে কেতিয়াবা
টোপনিৰ দৰৱ ব্যৱহাৰ কৰে৷
তছলিমে ইমান সময় উভয়ৰ কথা-বতৰা মনযোগেৰে শুনি
আছিল। সি মাজতে প্রশ্ন কৰিলে- টোপনিৰ দৰৱ কোনে খুৱাব পাৰে বুলি ভাবা? তোমাৰ বাহিৰে বেলেগ
কোনোবা পাকঘৰত সোমাইছিল নেকি?
উপেনে সোমাইছিল। মর্জিনা পেহীয়ে ক'লে- মোৰ অনুপস্থিতিত সি
কেতিয়াবা ৰন্ধা-বঢ়াও কৰিছিল।
নৃপেন ৰয়ে ক'লে- পেহী, চাহ একাপ খুৱাব পাৰিবা
নেকি? তোমাৰ হাতৰ চাহ খাই খুব লাগিছে। নাই নাই, তোমাৰ অসুবিধা হ’লে নালাগে।
নাই নাই, একো অসুবিধা নাই। মর্জিনা পেহীয়ে ক'লে- আপোনালোক বহক । মই এতিয়াই চাহ লৈ আহি আছোঁ। মর্জিনা পেহী চাহ বনাবলৈ ওলাই গ'ল। তছলিমে নৃপেন ৰয়ৰ কাষ
চাপি আহি ক'লে- কি বুজিলি?
বুজিলোঁ, মিৰণ ককাইদেৱে আত্মহত্যা কৰা নাছিল। নৃপেন ৰয়ে ক'লে- তেওঁক পৰিকল্পিতভাবে হত্যা কৰা হৈছিল। উপেন ইয়াৰ লগত জড়িত আছিল। মই কেছ ডায়েৰী চাব লাগিব। কেছ ডায়েৰী পঢ়ি চোৱাৰ
পাছতহে কথাটো নিশ্চিত হ'ব পৰা যাব।
মোৰ কিন্তু আন এজন মানুহৰ ওপৰত পূৰা সন্দেহ।
তছলিমে ক'লে- সিও এই হত্যাৰ লগত
জড়িত থাকিব পাৰে! তদুপৰি মাথোন ককাইদেউৰ কেছ ডায়েৰী চালেই নহ'ব। ককাইদেউৰ আগতে পীৰজাহান নামৰ আন এজন মানুহৰ বাইক একচিডেণ্টত মৃত্যু
হৈছিল। সেই কেছটোৰো কোনো মীমাংসা হোৱা নাছিল । এই দুটা কেছৰ মাজত সম্পৰ্ক থাকিব পাৰে
বুলি মোৰ ধাৰণা। গতিকে দুয়োটা কেছ পঢ়ি চাবি ।
হয় নেকি? নৃপেন ৰয় কৌতূহলী হৈ উঠিল- পীৰজাহান! কোন পীৰজাহান ?
ববিতাৰ দেউতাক৷ তছলিমে ক’লে- ববিতাৰ লগত ককাইদেউৰ
প্ৰেমৰ সম্পৰ্ক আছিল।
নৃপেন ৰয়ে কিবা সুধিব খুজিছিল। এনেতে মর্জিনা
পেহী চাহ লৈ সোমাই আহিল ।
নৃপেন ৰয়ে ক’লে- তোমাক আজি কষ্ট দিলো, পেহী।
দুবাৰ চাহ বনাব লগা হ'ল৷
একো কষ্ট হোৱা নাই। মর্জিনা পেহীয়ে ক'লে- আপোনালোক বহক । মই ভাত বহাই থৈ আহিছো। মর্জিনা পেহী পাক
ঘৰলৈ বুলি ওলাই গ’ল।
চাহ খাই উঠাৰ পাছত উপেন কোঠালিৰ ভিতৰলৈ সোমাই আহি
তছলিমক উদ্দেশ্য কৰি ক'লে- ছাৰে আপোনাক মাতিছে। এতিয়াই যাবলৈ কৈ পঠাইছে। ছাৰে হেনো সদৰলৈ যাব।
তছলিমে ক’লে- হয় নেকি? আপুনি যাওঁক । মই গৈ আছো বুলি কওঁকগৈ ।
উপেন ওলাই যোৱাৰ পাছত তছলিমে ক’লে- এওঁৱেই উপেন। আমাৰ
অফিচৰ পিয়ন ।
মানুহজন দেখাত দেখোন একেবাৰে নিৰীহ। নৃপেন ৰয়ে
মন্তব্য কৰিলে- এওঁ যদি হত্যাৰ লগত জড়িত আছিল, মোৰ ধাৰণা, এওঁক ব্যৱহাৰহে কৰা
হৈছিল । আচলতে এওঁৰ গাত কোনো দোষ নাই। মই আজিয়ে গৈ কেছ ডায়েৰী চাম। বহু
দেৰি হ'ল। মই এতিয়া যাওঁ। তই
থানালৈ যাবি।
নৃপেন ৰয়ে মর্জিনা পেহীক মাত লগাই থানালৈ বুলি
ওলাই আহিল। তছলিমে তেওঁক ৰাস্তালৈ আগবঢ়াই থ'লে।
(পোন্ধৰ)
ফিৰদুছ ফাৰ্মাচিত বহি আছিল। দোকানত গ্ৰাহক সেৰেঙা। সেয়ে সি এখন
মেগাজিনৰ পাত লুটিয়াই আছিল। এনেতে উপেন প্ৰেচক্রিপশ্বন এখন হাতত লৈ ফাৰ্মাচিৰ
ভিতৰলৈ সোমাই আহিল । সি প্ৰেচক্রিপশ্বনখন মেজৰ ওপৰত থৈ ক’লে- ঔষধ কেইটা সোনকালে দিয়ক।
বিডিও ছাৰৰ ঔষধ। লিখি থ’ব দিছে। তেওঁ নিজে আহি টকা দি যাব
বুলি কৈ পঠাইছে।
ফিৰদুছৰ সহকাৰীজন নাছিল। সেয়ে সি নিজেই ঔষধবোৰ
উলিয়াই খোৱাৰ নিয়ম বুজাই দি পেকেট বান্ধি দি ক'লে- পিছে, কওঁকচোন
আপোনাৰ খা-খবৰ?
উপেনে নিজকে ধিক্কাৰ দিয়াৰ দৰে ক'লে- এ, বাদ দিয়ক আমাৰ খবৰ! খবৰ থাকে অভাৰচিয়াৰসকলৰহে। আমি দুটা টকাৰ কাৰণে
গ্ৰাহকৰ হাতে-ভৰিয়ে ধৰিব লাগে আৰু অভাৰচিয়াৰসকলক চাহ-পানী খোৱাৰ কাৰণে
কাবৌ-কাকূতি কৰি পাঁচ-দহ হাজাৰ মোনাত ভৰাই দি যায়।
কপালৰ নাম গোপাল, বুজিছে! ফ্ৰিব্ৰুছে ক’লে-কপালত থাকিলে উপযাচি আহি ধৰা দিয়ে। পিছে, কওঁকচোন,
নতুনকৈ অহা অভাৰচিয়াজন মানুহ হিচাপে কেনেকুৱা ?
ফিৰদুছৰ প্ৰশ্নত উপেন উৎসাহিত হৈ উঠিল। তছলিমৰ
বিৰুদ্ধে সি এতিয়ালৈকে কাৰো আগত মুখ খোলা নাই। তছলিমৰ প্ৰতি কিবা এটা যেন ভয়ৰ
ভাবে তাক দহি দহি খাই আছে। মনৰ কথাতো আৰু সকলোৰে আগত ক'ব নোৱাৰি। ক'বলৈ হ'লে মনৰ মিল থকা মানুহ লাগে । ফিদুছৰ লগত তাৰ বহুদিনৰ পৰিচয়। ক'বলৈ গ'লে ফিছ ইয়ালৈ অহাৰ পাছৰ পৰাই। এবাৰ তাৰ ঘৈণীয়েকৰ অপাৰেশ্বনৰ সময়ত
ফ্ৰিব্ৰুছেই তাক পাঁচ হাজাৰ টকা দি সহায় কৰিছিল। নহ'লে
ঘৈণীয়েকৰ অপাৰেশ্বন কৰাটো কোনোপধ্যেই সম্ভৱ নহ'লহেঁতেন।
বর্তমানেও হাতত টকা-সিকা নাথাকিলে ফিদুছেই তাৰ সহায়-সাৰথি। সহায় বিচাৰি আহিলে
কোনোদিন বিমুখ নকৰে।
একেবাৰে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ। উপেনে ক'বলৈ আৰম্ভ কৰিলে- সিদিনা
দাসবাবুকে অপমান কৰিলে। বেছিদিন টিকি থাকিব নোৱাৰিব ! কিছুদিনৰ ভিতৰতে যাব যেন
লাগিছে!। আৰে, বাঘৰ নেগুৰেৰে কাণ খজুৱাব পাৰি নেকি? সিদিনা সি
তাকেই কৰিলে । দাসবাবু মনে মনে বহি থকা ভকত নহয়। ইতিমধ্যেই হয়তো প্ৰতিক্ৰিয়া
আৰম্ভ কৰি দিছে।
উপেন ৰৈ গ'ল । ফ্ৰিব্ৰুছে ৰহস্যময় ভংগীত ক'লে- আগৰজনৰ দৰে ইয়ো বোলে প্রেম-সাগৰত সাঁতুৰিবলৈ
আৰম্ভ কৰিছে ! সিয়ো মোৰে খুলশালীৰ লগত ! সিদিনা দাসবাবুই মোক কথাটো ক'লে। ময়ো ইতিমধ্যেই তাৰ প্ৰমাণ পাইছো।
মানুহজনক আপুনি দেখিছে নেকি?
দেখা নাই। ফিছে ক’লে- মই এই কেইদিন ঘৰত নাছিলো । গোৱালপাৰালৈ গৈছিলো। দাসবাবুই কোৱা মতে
মানুহজন হেনো দেখিবলৈ আগৰ্জন চাহাবৰ দৰে?
মোৰ সন্দেহ যদি মিছা নহয়, মাথোন দেখিবলৈয়ে আগৰজন
চাহাবৰ দৰে নহয়, সি আচলতে আগৰজন চাহাবৰ ভায়েকে হ'ব লাগে৷ উপেনে মন্তব্য কৰিলে।
ফিৰদুছে কিবা মন্তব্য কৰিব খুজিছিল। এনেতে কমল
দাস ফাৰ্মাচিলৈ সোমাই আহিল। কমল দাসে উপেনক উদ্দেশ্য কৰি ঠাট্টাৰ সুৰত ক’লে- দাস দেখোন, ফাৰ্মাচিলৈ কিয়? নতুন চাহাবৰ কিবা অসুখ-বিসুখ কৰিছে
নেকি ?
অসুখ-বিসুখ কৰিলেও মোতকৈ আপোনালোকেহে আগতে গম
পাব। উপেনে কমল দাসৰ সুৰত সুৰ মিলাই ক’লে- মোতকৈ আপোনালোকেহে বেছি খবৰ ৰাখে চাহাবৰ!
প্রয়োজন হ’লেতো ৰাখিবই লাগিব । কমল দাসে ৰহস্যময় ভংগীত ক’লে- কিন্তু তাৰ লগত মোৰ
সম্পৰ্কৰ কথা হয়তো ইতিমধ্যে আপুনি গম পাইছেই! ক'ব পাৰে,
সাপ-নেউলৰ সম্পৰ্ক !
বি,ডিও ছাৰক কথাটো জনাইছে নেকি? উপেনে
সুধিলে ।
জনাইছো। কমল দাসে নিরুৎসাহিত কণ্ঠত ক'লে- কিন্তু এতিয়ালৈকে
কোনো প্রতিক্রিয়া দেখা নাই।
মাজতে ফিৰদুছে মন্তব্য কৰিলে- বদলিৰ ব্যৱস্থা
নকৰে কিয়?
যমে নিবলৈ হ'লেও কিবা এটা চেলু লাগে দিয়কচোন! কমল দাসে অসুবিধাৰ
কথা জনালে- মাত্র কেইদিনমান আগতে জইন কৰিছে, হঠাৎ কিবা এটা
কৰিবলৈ গ'লে নানানটা প্রশ্ন উত্থাপন হ'ব।
আপোনাৰ বিল বনালে জানো? উপেনে উপলুঙাৰ সুৰত
সুধিলে।
তাৰ বাপেকে বনাব লাগিব। কমল দাসে ক'লে- সি কিবা কাৰণত নবনালেও
স্বয়ং পি, ডিয়ে বনাব লাগিব ।
উপেনে কথাৰ প্ৰসংগ সলনি কৰি ক'লে- এষাৰ কথা গম পায় নেকি,
দাসবাবু ?
কি কথা? কমল দাস কৌতূহলী হৈ উঠিল।
এওঁ আগৰজন চাহাবৰ ভায়েক। উপেনে ক'লে৷
আপুনি কেনেকৈ জানিলে? কমল দাস কৌতূহলী হৈ উঠিল-
সি নিজেই কৈছে নেকি?
নাই নাই, মর্জিনা পেহীৰ পৰা জানিব পাৰিছো। উপেনে ক'লে- মর্জিনা পেহীৰ আগত সিদিনা সি নিজেই তাৰ পৰিচয় দিছে।
তাৰ গঢ়-কাটল দেখি ময়ো কথাটো অনুমান কৰিছিলো। কিন্তু মানুহৰ নিচিনা মানুহ থাকিব পাৰে বুলি সিমান মন-কাণ কৰা নাছিলো৷ কমল দাসে মন্তব্য কৰিলে।
সিবাৰতো তাৰ আত্মহত্যাৰ মূলত আপুনি আছিল বুলি
বহুতেই অনুমান কৰিছিল। ফ্ৰিব্ৰুছে ক’লে- কিন্তু মানুহে পুলিচৰ আগত এই বিষয়ে মুখ খোলা
নাছিল।
মুখ খুলিলেও একো কৰিব নোৱাৰিলেহেঁতেন। কমল দাসে
প্রমাণ ৰাখি কাম নকৰে। কমল দাসে গৰ্বৰে সৈতে ক’লে।
অৱশ্যে। ফিৰদুছে ক’লে- আপোনাৰ নিচিনা ‘প্ৰফেচনেল’ মানুহে প্ৰমাণ ৰাখি কাম নকৰে বুলি মই
জানো।
কমল দাসৰ চকুযোৰ জ্বলি উঠিল- মোৰ বিল নবনালে, এইবাৰো তেনেকুৱা কিবা এটা
হ'ব পাৰে! বাৰু, মই এতিয়া সদৰলৈ গৈ
আছো। এই বিষয়ে পাছত আলোচনা হ’ম।
কমল দাস ফাৰ্মাচিৰপৰা ওলাই গ'ল। উপেনে অর্থপূর্ণ
দৃষ্টিত ফিছৰ ফালে চালে।
(ষোল্ল)
ৰাতিপুৱা। মৌচুমীহঁতৰ ঘৰ।
মৌচুমী আৰু তছলিম বাৰাণ্ডাত বহি আছিল। এনেতে নঙলা
ঠেলি ফিছ সোমাই আহিল। ফিছক দেখি মৌচুমী বহাৰ পৰা উঠি ক’লে- ভিনদেউ, আপুনি ? এই সময়ত ? বাট ভুল
কৰি আহিল নেকি?
ফিৰদুছে হাঁহি মাৰি অৱজ্ঞা মিহলি ঠাট্টাৰ সুৰত ক'লে-বাট ভুল কৰি নহয়। আহিম
বুলিয়ে আহিলো। মচলিচ কিমানদূৰ জমিছে, তাকে চাবলৈ।
মৌচুমীয়ে ফিৰদুছৰ সুৰত সুৰ মিলাই ক'লে- আহক, আপুনিও মছলিচত যোগ দিয়কহি। এওঁক চিনি পায় নেকি? আমাৰ
নতুন জুনিয়ৰ ইঞ্জিনিয়াৰ ৷
ফ্ৰিব্ৰুছে তছলিমৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে।
বাইছ তেইছ বছৰীয়া এজন চফল ডেকা। দেখিবলৈ ধুনীয়া। চকুযুৰিত বুদ্ধিমত্তাৰ ছাপ।
উপেনে কোৱা ধৰণে দেখিবলৈ সাইলাখ মিৰণৰ দৰে।
ফিৰদুছে তছলিমৰ লগত কৰমৰ্দন কৰি ক'লে- মোৰ নাম ফিদুছ।
ফাৰ্মাচি এখন চলাও।
তছলিমে ক'লে- আপোনাৰ লগত অৱশ্যে এতিয়ালৈকে মোৰ পৰিচয় হোৱা
নাই। কিন্তু আপোনাক মই চিনি পাও। সিদিনা আপোনাৰ ফটোখন মই আপোনালোকৰ ঘৰত দেখিছো।
অৱশ্যে আজিহে সশৰীৰে প্ৰথম দেখাৰ সৌভাগ্য হ’ল।
আপোনাৰ বিষয়েও মই শুনিছো। ফিদুছে ক’লে- দেখাৰ সৌভাগ্য প্ৰথম হ'ল। পৰিচয় হৈ ভাল লাগিল ।
শুনিছো আপোনাৰ ঘৰ নগাঁও জিলাত ! তছলিমে ক'লে- নগাঁওৰ কোন ঠাইত ?
আমাৰ ঘৰ হোজাইৰ ডবকাত।
ফিৰদুছ অপ্ৰস্তুত হৈ উঠিল। সি সেমেনা-সেমেনি কৰি
ক'লে- আমাৰ ঘৰো হোজাইৰ ফালে
আছিল। এতিয়া তাত কোনো নাই। এইদৰে নিজৰ পৰিচয় দি সি ঘৰ এৰি অহাৰ কাহিনী কৈ
শুনালে।
ভিনদেউৰ এই কাহিনী আমি বহুবাৰ শুনিছো। মৌচুমীয়ে
ক'লে- গতিকে এতিয়া আৰু
শুনাৰ ধৈৰ্য নাই। আপোনালোকে কথা পাতক । মই আপোনালোকৰ কাৰণে চাহৰ ব্যৱস্থা কৰোগৈ।
এইদৰে কৈ মৌচুমী ওলাই গ'ল।
আচলতে এয়া যে ফ্ৰিছৰ মনেগঢ়া কল্পিত কাহিনী
সেয়া তছলিমে জানে । তথাপিও সি ধৈর্য সহকাৰে ফিৰ্দুছৰ কাহিনী শুনি গ'ল। সি মনৰ ভাব মনতে গোপন
কৰি দুখ প্ৰকাশ কৰি ক'লে- আচলতে আপোনাৰ লগত অন্যায় কৰা
হৈছে। কি কৰিব ! এয়া বৰ্তমান আমাৰ ছিষ্টেমৰ দোষ ! আপুনি ঘৰ এৰি অহাৰ সময়ত মই
হাইস্কুলত পঢ়ি আছিলো। সেয়ে হয়তো আপোনাক দেখা নাছিলো ৷
পৰিচয় পৰ্ব শেষ হোৱাৰ পাছত তছলিমে ফিছক ভালদৰে
লক্ষ্য কৰিলে। আজিৰ পৰা সাত বছৰ আগতে বাতৰি কাকতত দেখা ফটোৰ লগত মিলাই চালে। হুবহু
মিল আছে। এতিয়া মুখত দাঢ়ি আছে, তেতিয়া দাঢ়ি নাছিল। পার্থক্য ইমানেই।
শুনিলো, আপুনি হেনো গোৱালপাৰাত ফাৰ্মাচি এখন খোলাৰ কাৰণে লাগি
আছে! তছলিমে সুধিলে- ইয়াত কিবা অসুবিধা পাইছে নেকি ?
নাই নাই, তেনে বিশেষ কোনো অসুবিধা পোৱা নাই। ফিছে ক’লে- সৰু ঠাই। হাস্পতালখন হোৱাৰ পাছত ইতিমধ্যে বহুকেইটা ফাৰ্মাচি হৈ গ'ল । গতিকে আগৰ দৰে আমদানি নাই। গোৱালপাৰাত ফাৰ্মাচিখন হ'লে সুবিধা হ'ব বুলি ভাবিছো। ইয়াত যদি ববিতাই চলায়, মই তাত চলাম
বুলি ভাবিছো।
এনেতে মৌচুমীয়ে চাহ লৈ আহিল। চাহ পৰ্ব সমাপন কৰি
ফ্ৰিব্ৰুছে ক'লে- বাৰু, মই এতিয়া যাওঁ। ল'ৰাটোক
ফাৰ্মাচি খুলিবলৈ কৈ আহিছো । নতুন ল'ৰা৷ এতিয়ালৈকে ঔষধৰ পৰ্যাপ্ত জ্ঞান হোৱা নাই।
ফিৰদুছে বহাৰ পৰা উঠি থিয় দিলে। মৌচুমীয়ে
অভিযোগৰ সুৰত ক'লে- আমাৰ ঘৰলৈ আহিলে আপোনাৰ কিবা নহয় কিবা অজুহাত থাকেই। ময়ো ডিউটিলৈ
যাম। ভাত-পানী খাই একেলগে যাম, বাৰু। বহক। ভাত হৈছেই !
আন এদিনাখন আহি খাই যামহি। এইদৰে কৈ ফ্ৰিব্ৰুছে তছলিমক উদ্দেশ্য কৰি
ক'লে- যাবচোন ফাৰ্মাচিলৈ ৷
কথা হ'ম । আমাৰ ফাৰ্মাচিখন চিনি পায় নেকি?
দূৰৰ পৰা দেখিছো। তছলিমে ক’লে- এতিয়ালৈকে ফাৰ্মাচিত
সুমুৱা নাই। ক'ব পাৰে, প্ৰয়োজন হোৱা
নাই।
আমাৰ মাজত এষাৰ কথা প্রচলিত আছে। ফিদুছে ৰগৰ কৰি
ক'লে- ফাৰ্মাচিষ্ট আৰু আতৰৰ
দোকানীৰ লগত বন্ধুত্ব ৰাখি চলিব লাগে ৷ আতৰৰ দোকানীৰ লগত বন্ধুত্ব থাকিলে আতৰ
কিনাৰ প্ৰয়োজন নহয় আৰু ফাৰ্মাচিষ্টৰ লগত বন্ধুত্ব থাকিলে ঔষধ কিনিব লগা নহয় ৷
কাৰণ আতৰৰ দোকানত বহিলে গাত আতৰৰ চেণ্ট থাকে আৰু ফাৰ্মাচিত বহিলে ৰোগ দূৰত থাকে।
এইদৰে কৈ নিজৰ ৰগৰত নিজেই হাঃ হাঃকৈ হাঁহি মাৰি বাৰাণ্ডাৰ পৰা নামি গ'ল৷
তছলিমো বহাৰ পৰা উঠিল। মৌচুমীয়ে ক'লে- আপুনিও উঠিল যে!
ঃ ময়ো যাওঁ এওঁৰ লগত যাওঁ বুলি ভাবিছো।
মৌচুমীয়ে ক’লে- ভিনদেউ চাইকেললৈহে যাব। আপুনি অকনমান বহক। ময়ো
যাম আপোনাৰ লগত ।
ফিদুছ ইতিমধ্যে চাইকেলৰ কাষ পাইছিল। সিও কথাষাৰ
শুনিলে। সি চাইকেলৰ ষ্টেণ্ডডাল ভৰিৰে ঠেলি ক'লে- আপুনি মৌচুমীৰ লগতে আহক। কথা পাতি আহিব পাৰিব !
ফিৰদুছ ৰাস্তালৈ ওলাই যোৱাৰ পাছত মৌচুমীয়ে ক'লে- ভিনদেউ এবছৰমানৰ পৰা
আমাৰ ঘৰলৈ প্ৰায় নাহেই।
নাহে মানে? তছলিমে বিস্ময় প্রকাশ কৰি ক'লে-
পোন্ধৰ মিনিটৰ বাটহে !
সময়ে বোলে উলিয়াব নোৱাৰে। মৌচুমীয়ে ক'লে- আচলতে সময়ৰ অভাৱ নহয়,
কথা আন ক'ৰবাতহে !
আন ক'ৰবাত মানে? তছলিমে আগ্ৰহেৰে
সুধিলে- কওঁকচোন কি কথা ?
আজি নকও। মৌচুমীয়ে ক'লে- বেলেগ এদিন ক'ম বাৰু। মৌচুমীয়ে কথাৰ প্ৰসংগ সলনি কৰি ক'লে-
আপোনাক এষাৰ কথা সুধিম সুধিম' বুলিও সুধিব পৰা নাই।
কওঁকচোন কি কথা? তছলিম কৌতূহলী হৈ উঠিল ।
ভিনদেউ হেনো আপোনালোকৰ ফালৰে মানুহ। মৌচুমীয়ে
সেমেনা-সেমেনি কৰি সুধিলে- আপুনি ভিনদেউক আগৰে পৰা চিনি পায় নেকি ?
কিয় বা সুধিছে? তছলিমে গা এৰা মনোভাবেৰে সুধিলে।
নাই....মানে এনেয়ে...মৌচুমীয়ে পুনৰ
সেমেনা-সেমেনি কৰি ক'লে- সিদিনা আপুনি ভিনদেউৰ ফটো এনেকৈ চাইছিল যেন আপুনি তাক চিনি পায় !
আজিও তাক আপুনি খুউব গুৰুত্ব সহকাৰে চোৱা লক্ষ্য কৰিছো ৷
মৌচুমীৰ কথাত তছলিম বিমোৰত পৰিল। ফিছক সি চিনি
পোৱাটো সঁচা। সিহঁতৰ অঞ্চলৰ আটায়ে ফ্ৰিদুছক চিনি পায়। চিনি পোৱাৰ কাৰণো আছে, কিন্তু সেই কথা কোৱা
সম্ভৱ নহয়৷ কাৰণ ক'লেই ববিতাহঁতৰ সংসাৰলৈ ঘোৰ অমানিশা নামি
আহিব । হয়তো বহুতে তাৰ কথা বিশ্বাস কৰিবলৈকে টান পাব। তদুপৰি অপ্ৰিয় সত্য
কথা শাস্ত্ৰয়ো ক’বলৈ নিষেধ কৰিছে! গতিকে তছলিমে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- কথাটো আপুনি ঠিকেই ধৰিছে। আচলতে তাক ক'ৰবাত দেখা
যেন ধাৰণা হৈছে; কিন্তু ক'ত দেখিছো মনত
পেলাব পৰা নাই ।
মৌচুমীয়ে তছলিমৰ মনেগঢ়া কাহিনী বিশ্বাস নকৰিলে।
তাই কোনো ধৰণৰ লুক-ঢাক নকৰাকৈ পোনপটীয়াভাবে ক’লে- আপুনি নিশ্চয় ভিনদেউক চিনি পায়; কিন্তু আপুনি কিবা কাৰণত প্ৰকাশহে কৰিব খোজা নাই!
তছলিমে মৌচুমীৰ অভিযোগৰ মৃদুভাবে প্রতিবাদ কৰি ক'লে- তেনেকৈ ক'লে মোৰ ক'ব লগীয়া একো নাই। মই যি জানো তাকে ক’লো, বিশ্বাস কৰা বা নকৰাটো আপোনাৰ ব্যক্তিগত ব্যাপাৰ
৷
মৌচুমীয়ে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- বাৰু, আপোনাৰ কথাই মানিলো। কিন্তু এষাৰ কথা মন কৰিছেনে, ভিনদেৱে
যেন আপোনাক সহজভাবে গ্রহণ কৰিব পৰা নাই! আপুনি লক্ষ্য কৰিছে, নে নাই নাজানো; কিন্তু মই লক্ষ্য কৰিছো ভিনদেৱে
দুবাৰ এনেকৈ আপোনাৰ ফালে চাইছিল, যেন আপোনাক ভস্ম কৰি পেলাব।
চাওঁক। তছলিমে ঠাট্টাৰ সুৰত ক'লে- সেয়া তাৰ ব্যক্তিগত
ব্যাপাৰ! সিতো দুর্বাসা নহয়, যে সি তেনেকৈ চালেই মই ভস্ম হৈ
যাম।
কথাটো মই পাছত ক'ম বুলি ভাবিছিলো। মৌচুমীয়ে ক'লে- কিন্তু আজিয়ে ক'ব লগা হ'ল।
ভিনদেৱৰ কিন্তু বৰ্তমান বাইদেউৰ প্ৰতি মুঠেই আকর্ষণ নাই। সি এতিয়া বেলেগৰ প্ৰতি
আকৰ্ষিত হৈছে। যাৰ কাৰণে সি আমাৰ ঘৰলৈ নহা হৈছে।
মানে? তছলিম লৰি-চৰি বহিল ৰহস্যৰ গোন্ধ পাই।
কথাটো মই বাইদেউৰ বাহিৰে এতিয়ালৈকে আন কাকো কোৱা
নাই। মৌচুমীয়ে ক'লে- ছমাহমান আগত মোৰ বান্ধৱী হামিদা আমাৰ ঘৰলৈ আহিছিল । তাইৰ লগত মই একেলগে নাৰ্চ ট্রেনিং কৰিছো
। তাইৰ সাতদিনীয়া এক কর্মশালা আছিল । ফলত তাই আমাৰ ঘৰত থাকি কৰ্মশালাত অংশ
গ্ৰহণ কৰিছিল। তেতিয়াই ভিনদেউৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । সেই সম্পর্ক এতিয়া অধিক দৃঢ় হৈ উঠিছে।
যাৰ কাৰণে ভিনদেউ গোৱালপাৰাত ফাৰ্মাচি খোলাৰ কথা ভাবি আছে।
ইয়াৰ কাৰণে গোৱালপাৰাত ফাৰ্মাচি খোলাৰ কাৰণ?
কাৰণ হামিদাৰ গোৱালপাৰাত পোষ্টিং হৈছে।
এই প্ৰেমৰ সম্পৰ্কে আপুনি কেনেকৈ গম পালে?
কেইদিনমান আগতে মই এটি চেমিনাৰলৈ যাওঁতে কথাটো গম
পাইছো। মৌচুমীয়ে কৈ গ'ল- চেমিনাৰ হৈছিল গোৱালপাৰাত ৷ তাত মোৰ আন এজনী বান্ধৱীৰ পৰা মই এই প্ৰেমৰ
সম্পৰ্কে জানিব পাৰিছো৷
আপুনি কথাটো বাইদেউক কোৱাটো উচিত হোৱা নাই।
তছলিমে মন্তব্য কৰিলে- এই কথালৈ সিহঁতৰ দাম্পত্য জীৱনত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে ।
দুদিনমান পাছত হ'লেও কথাটো দেখোন প্রকাশ হ'লেইহেঁতেন। মৌচুমীয়ে যুক্তি দাঙি ধৰিলে- মই মাথোন দুদিন আগতে প্রকাশ
কৰিলো। বাইদেৱে অন্ততঃ নিজক চম্ভালাৰ সুযোগতো পাব !
আচলতে ফিছৰ প্ৰতি মৌচুমীৰ আগৰে পৰাই বিদ্বেষ ভাব
এটা আছে। তাই কোনো দিনেই ফিছক সহজভাবে গ্ৰহণ কৰিব পৰা নাই । ববিতাই প্রকৃততে ভাল পাইছিল মিৰণকহে।
দেউতাকৰো মত আছিল মিৰণৰ লগত বিয়া দিয়াৰ। কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে
কণা বিধি! দেউতাকৰ দুৰ্ঘটনাত মৃত্যু হ'ল। ইয়াৰ কিছুদিন পাছতে মিৰণে অজ্ঞাত কাৰণত আত্মহত্যা
কৰিলে। ফলত গোটেই ঘটনাটোৱে বেলেগ ৰূপ ল'লে।
বেলেগে লক্ষ্য নকৰিলেও মৌচুমীয়ে তেতিয়া এটা কথা
লক্ষ্য কৰিছিল। প্ৰথমাৱস্থাত দেউতাকে ফ্ৰিদুছক যিদৰে ভাল পাইছিল, শেষত যেন তেওঁ ফিছক এৰাই
চলিবলৈ চেষ্টা কৰিছিল। কিন্তু কি কাৰণত এই ভুল
বুজাবুজি সৃষ্টি হৈছিল, এই কথাৰ ৰহস্য তাই এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই।
দেউতাকৰ মৃত্যুৰ পাছত এক প্ৰকাৰ জোৰ কৰিয়ে
ববিতাক ফিৰদুছৰ লগত বিয়া দি উলিয়াই দিয়া হৈছিল। এই ক্ষেত্ৰত আগভাগ লৈছিল কমল দাসে। কমল
দাসে কি স্বার্থত এই কাম কৰিছিল সেই ৰহস্যও আজিলৈকে উদ্ধাৰ হোৱা নাই ।
কেইটামান মৌন মুহূৰ্ত পাৰ হোৱাৰ পাছত তছলিমে
উপদেশৰ সুৰত ক'লে- তথাপিও অপ্রিয় সত্য যিমান পলমকৈ প্ৰকাশ পায় সিমানে মংগল।
মই কিন্তু এই কথা সমৰ্থন নকৰো। মৌচুমীয়ে
প্ৰতিবাদ কৰি ক'লে- আগতীয়াকৈ সজাগ নহ'লে পাছত নিজক চম্ভালা টান হৈ
পৰে ৷ উভয়ৰ এইদৰে কথা-বতৰা চলি থকাৰ মাজতে আব্দুৰ ৰছিদ সেইখিনি পালেহি। ৰছিদক
দেখি তছলিমে সুধিলে-আৰে, আপুনি ! কওঁকচোন, আপোনাকৰ খা-খবৰ কি? এই পুৱাই পুৱাই ক'ৰপৰা হঠাৎ আহি ওলালহি?
ৰছিদে ক'লে- খা-খবৰ বেয়া নহয় ৷ আপোনাক বিচাৰিয়ে ইয়ালৈ
আহিছোঁ।
মই ইয়াত থকাৰ কথা কেনেকৈ গম পালে? তছলিমে সুধিলে।
ৰছিদে উত্তৰত ক'লে- মই আপোনাক লগ ধৰিবলৈ আপোনাৰ
কোৱাৰ্টাৰলৈ গৈছিলো। মর্জিনা পেহীয়ে ইয়াত থকাৰ কথা ক'লে।
গতিকে ইয়ালৈকে আহিলো ।
তছলিমে কৈফিয়তৰ সুৰত ক'লে- ৰাতিপুৱা প্ৰাতঃভ্ৰমণ
কৰি কোৱাৰ্টাৰলৈ যোৱাই নাই। বাটত এওঁক লগ পালো। এওঁ ঘৰলৈ লৈ আহিল। তাৰ পাছত কথা
পাতি আছো। কওঁকচোন, মোক এইদৰে বিচাৰি অহাৰ কাৰণ কি?
ৰছিদ আৰু আৰিফাৰ ইতিমধ্যে শুভবিবাহ সম্পন্ন হৈছে
উভয়ৰ অভিভাৱকৰ সন্মতিত। তছলিম সেই বিয়াত আগভাগ লৈছিল। মৌচুমীকো নিমন্ত্ৰণ দিছিল। কিন্তু
বিশেষ কাৰণত তাই সেই নিমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল । ৰছিদে বৰ্তমান সিহঁতৰ চকতে এখন গোলমালৰ
দোকান দিছে।
মই দোকানখন দিয়াৰ কথাতো আপুনি জানেই। ৰছিদে ক'লে- দোকানৰ বেচা-কিনা ভাল
হৈ আছে। গতিকে মাল অলপ সৰহকৈ তোলাৰ কথা ভাবি আছো, কিন্তু
কেঁচা গৃহত মাল তুলিবলৈ ভৰসা পোৱা নাই। ফলত গৃহটো পকী কৰাৰ কথা ভাবিছো। কাইলৈ
গৃহটো নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ৷ আপুনি কাইলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ যাব লাগিব । এইদৰে কৈ সি মৌচুমীৰ ফালে চাই ক'লে- আপোনাৰো নিমন্ত্রণ।
বিয়াৰ সময়ত নগ'ল, কামৰ অজুহাত
দেখুৱাই, এইবাৰ কিন্তু অজুহাত দেখুৱালে নচলিব!
আমাৰ চাকৰিৰ কথাতো জানেই! মৌচুমীয়ে ক’লে- কেতিয়া কি সমস্যা
সৃষ্টি হয় একো ঠিক নাই। বিয়াৰ সময়ত চেমিনাৰ থকাৰ কাৰণে যাব পৰা নাছিলো, আচলতে যোৱাৰ খুবেই ইচ্ছা আছিল। এইবাৰ নিশ্চয় চেষ্টা কৰিম। তেনে কোনো ডাঙৰ
সমস্য নহ'লে নিশ্চয় যাম।
এইদৰে কৈ অৰ্থপূৰ্ণ হাঁহি মাৰি ঠাট্টাৰ সুৰত ক'লে- কাইলৈ কিবা কাৰণত যাব
নোৱাৰিলেও ল’ৰাৰ ‘আকিকা’ত বিনা নিমন্ত্ৰণতে যাম। গছত কঁঠাল গোঁফত তেল ! তছলিমে ক’লে-বিয়া হোৱাৰ এমাহেই পূৰ্ণ হোৱা নাই, এতিয়াই ল'ৰাৰ কথা ভাবিবলৈ ল'লেই। আপোনালোক তিৰোতাবিলাকৰ মাথোন সন্তানৰে
চিন্তা!
সন্তান নাৰীৰ পূৰ্ণতাৰ প্ৰতীক। মৌচুমীয়ে ক'লে- সেয়ে নাৰীৰ সন্তানৰ
কাৰণে ইমান চিন্তা। আপোনালোক পুৰুষবিলাকে সেইবোৰ নুবুজিব! তদুপৰি সন্তানহীনা নাৰী
মৰুভূমিৰ দৰে। গতিকে সন্তানৰ কাৰণে নাৰী ইমান লালায়িত!
ৰছিদে ক’লে- মই আৰু দুঘৰলৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে যাব লাগিব।
গতিকে মই এতিয়া যাও। আপোনালোকে কিন্তু জৰুৰ যাব। আপোনালোকৰ কাৰণে আমি বাট চাই
থাকিম।
মৌচুমীয়ে ক'লে- আজি প্ৰথম আমাৰ ঘৰলৈ আহিছে, গতিকে
কিবা এটা মুখত নিদিয়াকৈ যাব নোৱাৰে। আপোনালোক বহক, মই
আপোনালোকৰ কাৰণে চাহ লৈ আহি আছো।
তছলিমে ক’লে- মই এতিয়া আৰু চাহ নাখাও । মই যাও। ইতিমধ্যে হয়তো মর্জিনা পেহী গৈ
পাইছেই। মই নগ'লে তাই বাহিৰতে ৰৈ থাকিব লাগিব। তাইৰ হাতত চাবি নাই। এইদৰে কৈ ৰছিদক
উদ্দেশ্য কৰি ক'লে- আপুনি বহক, চাহ খাই
আহক ৷
(সোতৰ)
তছলিমক লৈ কমল দাসৰ মূৰ কামোৰণিৰ অন্ত নাই। নানান
উপায় অৱলম্বন কৰিও যেতিয়া সি তছলিমৰ জৰিয়তে বিল বনাব নোৱাৰিলে, তেতিয়া সি তছলিমৰ বদলিৰ
কথাকে চিন্তা কৰিবলৈ ধৰিলে। বদলিৰ বিষয়ে বিডিও মামুদ চাহাবে একো কৰিব নোৱাৰে বুলি
হাত দাঙি দিলে। মামুদ চাহাব প্রকৃততে এজন সৎ বিষয়া। কিন্তু লেংটাৰ দেশত যেনেকৈ
ধোবাৰ কাম নাই, তেনেকৈ সকলো বিষয়া কৰ্মচাৰী য'ত দুৰ্নীতিপৰায়ণ তাত তেওঁৰ দৰে বিষয়াৰ মূল্য নাই। অফিচৰ কৰ্মচাৰীসকলৰ
অন্যায় কাৰ্যৰ প্ৰতি তেওঁ অসন্তুষ্ট আছিল যদিও কোনো প্ৰতিবাদ কৰা নাছিল। কাৰণ
তেওঁক সমৰ্থন কৰাৰ কাৰণে কোনো মানুহ নাছিল। কিন্তু এই ক্ষেত্ৰত তছলিমক ব্যতিক্রম
দেখি তেওঁ তাক সমর্থন কৰিবলৈ ল'লে। এদিন তছলিমক মাতি আনি ক'লে- আহমেদ, আপুনি চিন্তা নকৰিব। আপুনি নিয়মানুসাৰে
কাম কৰি যাওঁক। মই আছো আপোনাৰ লগত ৷ মামুদ চাহাবৰ সমৰ্থন পাই তছলিম অধিক সাহসী হৈ
উঠিল। কাম নকৰালৈকে সি বিল নবনায় বুলি দৃঢ় হৈ থাকিল । ফলত তছলিমৰ সমৰ্থকৰ সংখ্যাও দিনক দিনে
বাঢ়ি গৈ আছিল । আচলতে আমাৰ সমাজত ভাল মানুহৰ সংখ্যই সৰহ; কিন্তু ভাল মানুহবিলাকে
বেয়া মানুহৰ বেয়া কামৰ বিৰোধিতা নকৰাৰ কাৰণে বহু সময়ত বেয়া মানুহবোৰে বেয়া
কাম কৰিবলৈ উৎসাহিত হয়।
আইনষ্টাইনে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ
কৈছিল- পৃথিবীখন বেয়া মানুহৰ কাৰণে ধ্বংস নহ'ব, ভাল মানুহৰ মৌনতাহে পৃথিবীখন
ধ্বংসৰ কাৰণ হ'ব। আচলতে আমাৰ সমাজত অন্যায়ৰ প্ৰতিবাদ
কৰিবপৰা মানুহ আছে, কিন্তু প্রতিবাদ কৰিবলৈ আগবাঢ়ি আহিবলৈ
সতকাই সাহস গোটাব নোৱাৰে। এজনে প্ৰতিবাদ আৰম্ভ কৰিলে তেতিয়া সমৰ্থকৰ অভাৱ নহয়।
কমল দাস এজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ বুলি
অঞ্চলটোৰ আটায়ে অৱগত । তাৰ দুৰ্নীতিৰ কাৰণে চৰকাৰৰ ফালৰপৰা পৰ্যাপ্ত ধন যোগান ধৰা সত্ত্বেও
অঞ্চলটোৰ ৰাস্তা-ঘাট সেই মধ্যযুগীয় পৰ্যায়তে ৰৈ আছিল। গতিকে কমল দাসৰ প্ৰতি
অঞ্চলটোৰ সচেতন মহল পূৰ্বৰে পৰাই বিৰাগ হৈ আছিল। তছলিমৰ দৃঢ়তা দেখি অঞ্চলটোৰ
সচেতন মহল বিশেষকৈ তফিজুদ্দিনৰ দৰে মানুহবিলাকে তছলিমৰ পক্ষ লৈছিল।
কমল দাস প্রথমতে বিডিও মামুদ চাহাবৰ শৰণাপন্ন
হৈছিল। কিন্তু মামুদ চাহাবে একো কৰিব নোৱাৰে বুলি জনাই দিয়াত বিফল মনোথ হৈ সি
স্থানীয় বিধায়কৰ শৰণাপন্ন হ'ল । কিন্তু বিধায়কৰো মহা বিপদ । দহ বছৰ আগতে সিহঁতৰ অঞ্চলত এটা মাৰ্ডাৰ
হৈছিল। সেই মাৰ্ডাৰৰ লগত সি জড়িত আছিল। গতিকে সেই কেছত তাক আচামী কৰা হৈছিল।
কিছুদিন আগৰপৰা কেছৰ সাক্ষী-বাদী ল'বলৈ আৰম্ভ কৰিছে। সাক্ষী বিধায়কৰ বিৰুদ্ধেই হৈ আছে।
ইফালে জজ চাহাবো খুবেই কাঢ়া প্ৰকৃতিৰ। সাক্ষী-প্রমাণ পালে কাকো জে’ল নিদিয়াকৈ নাথাকে । গতিকে সেই কেছ ত বিধায়ক মহোদয় অভিযুক্ত হোৱাটো এক প্ৰকাৰ নিশ্চিত
হৈ পৰিছে। গতিকে সৰু-সুৰা বদলিৰ বিষয়ে মূৰ ঘমোৱাৰ তাৰ সময় নাই। সি বর্তমান কেছৰ
পৰা কেনেকৈ মুক্তি পাব পাৰে তাৰে চিন্তা কৰি আছে।
ৰহমতক ক’লে দুদিনতে সকলো ঠাণ্ডা কৰি দিব। কাৰণ ইয়াৰ লগত ৰহমতৰো স্বাৰ্থ জড়িত হৈ
আছে। সি ইমানদিনে আশা পালি থকা আশাৰ মূৰত তছলিমে
চেঁচাপানী ঢালাৰ উপক্ৰম কৰিছে। কিন্তু কমল দাসে মোক্ষম একো কৰিব বিচৰা নাই। সি
মোক্ষম কিবা কৰাৰ পৰিৱৰ্তে সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ সিদ্ধান্ত ল'লে ।
গতিকে কমল দাস ফিছৰ শৰণাপন্ন হ'ল। কাৰণ সি ফিছৰ বিয়াৰ
পৰা আৰম্ভ কৰি বহুক্ষেত্ৰত সহায় কৰিছে। পীৰ জাহানৰ দুৰ্ঘটনাৰ পাছত ফিছ কমল দাসৰ
শৰণাপন্ন হৈছিল। তেতিয়া সি বিনাচতেই ফিছক বিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল।
প্ৰয়োজনত এতিয়াও কৰে ৷ কিন্তু কিয় কৰে, সেয়া অৱশ্যে সি
নিজেই নাজানে ! কিন্তু এটা কথা ঠিক যে, বিয়াৰ ক্ষেত্ৰত তাৰ
মনত ক্ষমতা প্ৰদৰ্শনৰ মানসিকতা প্ৰচ্ছন্ন হৈ আছিল ৷ তাৰ কিমান ক্ষমতা আছে, তেতিয়া সি তাকেই প্রতিপন্ন কৰিব খুজিছিল। এই ক্ষেত্ৰত সি সফলো হৈছিল।
কমল দাসক দেখি ফিদুছে উষ্ম আদৰণি জনালে- আহক, দাসবাবু। বহুদিনৰ মূৰত ওলালহি। আহক, মোৰ কাষৰ চকীখনতে বহক । পিছে, আপোনাৰ খা-খবৰ কওঁক !
ফিৰদুছে আঙুলিয়াই দিয়া চকীখনত বহি কমল দাসে
বিৰক্তি প্রকাশ কৰি ক'লে- নাই, খা-খবৰ একো নাই। এতিয়া আত্মহত্যাৰ বাহিৰে
মোৰ উপায়ে দেখা নাই ।
কমল দাসৰ দৰে মানুহে আত্মহত্যা নকৰে বুলি ফিছে
জানে। তথাপি সিকৌতূকতে ক’লে- হঠাৎ জীৱনৰ প্ৰতি ইমান বীতশ্রদ্ধ হৈ উঠিল কিয় ?
বীতশ্রদ্ধ নহৈনো কি কৰিম! কমল দাসে নিজৰ অৱস্থাৰ
কথা প্রকাশ কৰিলে- টকা নাথাকিলে মানুহৰ ইজ্জত নাথাকে। সেই ধৰ্মপুত্ৰৰ কাৰণে এতিয়া
মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। হাতত থকা খিনিতো খটাইছোৱে, ধাৰ-ধোপাৰ কৰিও বহু টকা
খটালো। এতিয়া যদি বিল নহয়, কওঁকচোন জীয়াই থাকি কি কৰিম !
লেৱাৰক পাৰিশ্ৰমিক দিব পৰা নাই। বাটে-ঘাটে লেৱাৰসকলে আগুৰি ধৰে। ঘৰলৈ গৈও ধর্ণা
দিয়ে । এতিয়া নিজৰ পকেট খৰচৰ কাৰণেও লোকৰ ওচৰত হাত পাতিব লগা হৈছো।
ফিৰদুছে উপেনৰ মুখৰপৰা এই বিষয়ে বহু কথা শুনিছে। সেয়ে সি ক'লে- উপেনৰ মুখত মই এইবোৰ কথা শুনিছো। কিন্তু মই কি কৰিব পাৰিম ! মই
অকলশৰীয়া মানুহ ৷ সদায় ফাৰ্মাচি লৈ ব্যস্ত থাকিব লাগে। অৱশ্যে আপোনাৰ সামান্য
উপকাৰ কৰিব পাৰিলেও মই নিজকে ধন্য মানিম ।
আপুনি মৌচুমীক ৰহমতৰ লগত বিয়া দিয়াৰ ব্যৱস্থা
কৰক ৷ কমল দাসে ক’লে- অন্ততঃ এটা ক্ষেত্ৰততো তাক ঘায়েল কৰিব পৰা যাব ! সি বুজকচোন আমাৰ লগত
লাগিলে তাৰ এনেকুৱা বহু ক্ষতি হ'ব পাৰে!
ফিৰদুছে ক’লে- মোৰতো ৰহমতৰ লগতে বিয়া দিয়াৰ ইচ্ছা। কিন্তু
মাথোন মই ইচ্ছা কৰিলেইতো নহ'ব, মৌচুমীৰো
তাত মত থাকিব লাগিব। তাই এতিয়া সাবালিকা হৈছে। ইফালে চাকৰিও কৰে। গতিকে তাইৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া দিয়াটো জানো সম্ভৱ হ’ব? তদুপৰি
যি লক্ষ্য কৰিছো, ববিতায়ো তছলিমক পছন্দ কৰে !
আপুনি ৰহমতকতো জানেই, তাৰ লগত বিয়া নিদিলে সি
কিন্তু সুদাই নেৰে। কমল দাসে ক'লে- সি কিবা এটা কেলেংকাৰী
কৰিহে এৰিব।
কেলেংকাৰী শব্দটো শুনাৰ লগে লগে ফিৰদুছৰ মনত এটা
বুদ্ধি খেলালে। সি ক'লে- মোৰ মনত এটা বুদ্ধি খেলাইছে।
কি বুদ্ধি? কমল দাস উৎসাহিত হৈ উঠিল।
তাৰ বিৰুদ্ধে চৰিত্ৰহীনতাৰ অভিযোগ আনক। ফ্ৰিছে
ৰহস্যপূর্ণভাবে হাঁহিলে।
চৰিত্ৰহীনতাৰ অভিযোগ? কমল দাসে নিৰুৎসাহিত
কণ্ঠত ক’লে- এয়া কেনেকৈ সম্ভৱ?
একেবাৰেই সহজ ! ফ্ৰিব্ৰুছে ক’লে- সি মৌচুমীক ভাল পায়।
সিহঁতৰ ঘৰলৈও যায়। এদিন মই নিজেই তাক সিহঁতৰ ঘৰত লগ পাইছো । এই অঞ্চলৰ চেমনীয়া ডেকা কিছুমানক সিহঁতৰ
বিৰুদ্ধে উচটাই তোলক। অভিভাৱক নোহোৱা এজনী ছোৱালীৰ লগত এইদৰে লেটি-পেটি কৰাটো ঠিক
হোৱা নাই বুলি সিহঁতক বুজাই কওঁক। ডেকা তেজ যেনেকৈ বুজাব সিহঁতে তেনেকৈয়ে বুজিব।
দুদিনমান হৈ-চৈ কৰাৰ পাছত চহী তুলি তাৰ বদলিৰ কাৰণে আমাৰ বিধায়কৰ ওচৰত দৰ্খাস্ত
দিয়ক। তেতিয়া বিধায়কে তাৰ বদলিৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
কমল দাসে যেন হাতত সৰগ ঢুকি পালে। সি মেজত চাপৰ
মাৰি ক'লে- আপোনাৰ বুদ্ধিৰ
প্ৰশংসা নকৰি নোৱাৰি। এই কামত ৰহমতে আগভাগ ল'ব পাৰিব। তাক
উচটাই দিলে সি দুদিনৰ ভিতৰতে পৰিৱেশ গৰম কৰি তুলিব। সি বৰ্তমান ঘৰত নাই।
গুৱাহাটীলৈ গৈছে। এসপ্তাহমান পাছত আহিব। সি আহিলেই এই বিষয়ে তাৰ লগত মই আলোচনা
কৰিম।
(ওঠৰ)
এই আলোচনাৰ দুদিনমান পাছতেই এটি ডাঙৰ ঘটনা ঘটি গ'ল। টোপনিৰ দৰৱ খাই ববিতাই
আত্মহত্যা কৰিলে ।
ববিতাৰ আত্মহত্যাৰ খবৰ পাই তছলিম বিচলিত হৈ উঠিল।
ববিতাই মানসিক অশান্তিত ভূগি থকাৰ কথা সি জানিছিল। কিন্তু এই অশান্তিৰ কাৰণে যে
তাই আত্মহত্যা কৰিব এই কথা সি সপোনতো কল্পনা কৰিবপৰা নাছিল।
ফিৰদুছৰ লগত তাইৰ মতানৈক্য চলি থকাৰ কথা সি
মৌচুমীৰ পৰা জানিব পাৰিছিল। সেই মতানৈক্যৰ কাৰণ আছিল, গোৱালপাৰাৰ নাচৰ্জনী।
ফিদুছ গোৱালপাৰাৰ এজনী নাৰ্চৰ প্ৰেমত পৰাৰ কথা মৌচুমীয়ে তাক জনাইছিল। কোনো
নাৰীয়ে নিজৰ স্বামীক পৰ-নাৰীৰ প্ৰতি আসক্তি থকাটো সহজভাবে মানি ল'ব নোৱাৰে, এই কথা ঠিক; কিন্তু
তাৰ কাৰণে আত্মহত্যা কৰিব এয়া আছিল তাৰ কল্পনাৰো অগোচৰ ।
ডাক্তৰৰ ৰিপোৰ্ট মতে সৰহকৈ টোপনিৰ দৰৱ খোৱাৰ ফলতে
ববিতাৰ মৃত্যু হৈছিল। তাই ফিছৰ অনুপস্থিতিত ফাৰ্মাচিৰ পৰা টোপনিৰ দৰৱ আনিছিল। এই
কথাৰ প্ৰমাণ দিলে ফাৰ্মাচিত থকা ল'ৰাজনে। ল'ৰাজনে প্ৰথমতে এটা টেবলেট
উলিয়াই দিছিল। তেতিয়া ববিতাই কৈছিল- এটা দিছা কিয়, সম্পূর্ণ
ষ্টিপটোৱে দিয়া ।
ল’ৰাজেন কৈছিল- এদিনত এটা টেবলেটহে খাব পাৰিব, সৰহকৈ নি কি কৰিব ?
ববিতাই কৈছিল-সৰহকৈয়ে দিয়া । কিছুদিনৰ পৰা টোপনি ভাল হোৱা নাই। টোপনি
নহ'লে খাই থাকিম । তুমি কথাটো তেওঁক (ফিদুছক) নক’বা। সি খাবলৈ নিদিবও পাৰে।
এটাতকৈ বেছি টেবলেট খালে ক্ষতি হয় বুলি ময়ো জানো। তুমি চিন্তা কৰিব নালাগে।
ববিতাৰ এই কথাৰ পাছত আপত্তি কৰাৰ কোনো থল নেদেখি
ল'ৰাজনে ষ্টিপটো দি দিছিল।
সচৰাচৰ আত্মহত্যা কৰাৰ আগতে বহুতে ‘চুইচাইড নোট' লিখি থৈ যায় কিন্তু ববিতাই কোনো ‘চুইচাইড নোট'
লিখি থৈ যোৱা নাই ।
মৌচুমীয়ে আত্মহত্যাৰ ঘটনাটো সহজ ভাবেই মানি ল'লে। ফ্ৰিছৰ পৰকীয়া
প্রেমেই যে বায়েকৰ আত্মহত্যাৰ কাৰণ এই কথা উপলব্ধি কৰিবলৈ তাইৰ অসুবিধা নহ'ল। তদুপৰি ববিতাৰ গাৰোৰ তলত গোৱালপাৰাৰ নাচনীয়ে ফিদুছলৈ লিখা এখন চিঠি
পোৱা গৈছে। চিঠিখনেই
যে আত্মহত্যাৰ কাৰণ এই বিষয়ে আৰক্ষী একপ্ৰকাৰ নিশ্চিত । অৱশ্যে চিঠিখনক প্রেমপত্ৰ বুলি ক'ব নোৱাৰি। ফিদুছে
গোৱালপাৰাত ফাৰ্মাচি খোলাৰ বিষয়ে লিখা আছিল চিঠিখনত। ফাৰ্মাচি খোলাৰ কাম কিমানদূৰ আগবাঢ়িছে
এয়াই আছিল চিঠিৰ বক্তব্য। গতিকে চিঠিখনক কেন্দ্ৰ কৰি
ফিৰ্দুছক দোষী সাৱ্যস্ত কৰা সম্ভৱ নহয়। সেয়ে পুলিচে ফিছক থানা লৈ নি সোধা-মেলা কৰি এৰি দিছে। ইফালে ববিতাই নিজে
ফাৰ্মাচিৰপৰা টোপনিৰ দৰৱ অনাৰ প্ৰমাণো পোৱা গৈছে। গতিকে এইবোৰ দিশ চালি-জাৰি চাই
ববিতাই যে আত্মহত্যা কৰিছে এই কথা আটায়ে মানি ল'বলৈ বাধ্য হৈছে।
একমাত্র তছলিমে আছিল ব্যতিক্ৰম। সি আত্মহত্যা বুলি মানি ল'বলৈ টান পালে ৷ কাৰণ
ববিতাৰ আচৰণৰ পৰা তাই আত্মহত্যা কৰিব পৰা কোনো কাৰণ সি দেখা নাই। কাৰণ দুদিনমান
আগতো সি ববিতাৰ লগত কথা হৈছে। তেতিয়া তাই স্বাভাৱিকভাবেই কথা কৈছে। ল'ৰাটোক লৈ তাইৰ বহুতো সপোন আছিল। তাৰ ভৱিষ্যত লৈ তাই খুবেই ছিৰিয়াছ আছিল।
কিন্তু ফিছক লৈ তাই ছিৰিয়াছ নাছিল । কাৰণ তাই ফিদুছক কেতিয়াও সহজভাবে মানি ল'ব পৰা নাছিল। দেউতাকৰ
দুৰ্ঘটনাৰ মূলত ফ্ৰিদুছ আছিল বুলি তাই মনে-প্রাণে বিশ্বাস কৰিছিল। তাইক বিয়া
কৰোৱাৰ কাৰণেই ফ্ৰিব্ৰুছে দেউতাকৰ দুৰ্ঘটনাৰ নাটক কৰিছিল বুলি তাই নিশ্চিত আছিল।
সমজুৱাৰ চাপত পৰিহে তাই ফিদুছৰ লগত বিয়া পাশত আৱদ্ধ হ'বলৈ
বাধ্য হৈছিল ৷ একমাত্ৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে
বৰ্তমান তাই ফিছৰ লগত সংসাৰ কৰি আছিল । হামিদা নামৰ নাচনীৰ প্ৰেমত পৰাৰ কথা তাই
মৌচুমীৰ পৰাই গম পাইছিল। কথাটো শুনি তাই যিমান বেয়া পাব লাগিছিল, সিমান যেন বেয়া পোৱা
নাছিল ৷ কাৰণ তাই মনে মনে ফিছৰ পৰা পৰিত্ৰাণ পোৱাৰ কথাহে ভাবি আছিল । গতিকে ফ্ৰিব্ৰুছে হামিদাক বিয়া কৰাই
গোৱালপাৰালৈ গুচি গ'লে তাই ভালেই পালেেহঁতেন। এইবোৰ কথা তাই এদিন তছলিমক জনাইছিল।
এদিন কথা প্ৰসংগত তছলিমে সুধিছিল- আপুনি নিশ্চয়
ফিদুছ ভাই গোৱালপাৰাৰ কোনোবা এজনী নাৰ্চৰ প্ৰেমত পৰাৰ কথা শুনিছে, এই বিষয়ে আপুনি কি ভাবি
আছে?
তাই কৈছিল- একো ভবা নাই। তাৰ যি ইচ্ছা তাকে কৰক, ইয়াত মোৰ কোনো আপত্তি
নাই। তদুপৰি আমাৰ ইছলাম ধৰ্মত দ্বিতীয় বিয়া কৰোৱাৰ বিধান আছেই। গতিকে এই বিষয়ে
মই মূৰ ঘমোৱাৰ প্ৰয়োজনবোধ কৰা নাই। সি দ্বিতীয় বিয়াই কৰাই গুচি গ'লে মই ইয়াৰে ফাৰ্মাচিখন চলাই পেটৰ ভাতমুঠি নিশ্চয় নিজেই যোগাৰ কৰিব
পাৰিম । মোৰ নিজৰ বিষয়ে মই চিন্তা কৰা নাই—-ল'ৰাটোৰ
ভৱিষ্যতৰ কথাহে চিন্তা কৰিছো ৷
এনেকুৱা মানসিকতাৰ সচেতন শিক্ষিতা যুৱতী এজনীয়ে
হঠাৎ আত্মহত্যা কৰাৰ কাৰণ কি হ'ব পাৰে তাকে লৈ তছলিম বিমোৰত পৰিল ৷ সি ধাৰণা কৰা মতে
নিশ্চয় ফ্ৰিব্ৰুছেই কিবা নহয় কিবা কৰিছে! কিন্তু প্ৰমাণ কত? সি প্ৰমাণ যোগাৰ কৰে কেনেকৈ! কাৰণ আইনে আবেগক প্রশ্রয় নিদিয়ে-- আইনে
প্রমাণহে বিচাৰে। সি এই বিষয়ে নৃপেন ৰয়ৰ লগত আলোচনা কৰিলে। প্রমাণ অবিহনে একো
কৰিব নোৱাৰে বুলি নৃপেন ৰয়ে তাক স্পষ্টভাবে জনাই দিলে।
গতিকে তছলিমে প্রমাণ সংগ্ৰহৰ কাৰণে চিন্তা কৰিবলৈ
ধৰিলে। সি ফাৰ্মাচিলৈ গৈ ফ্ৰিছৰ সহকাৰীজনক এদিন সুধিলে- বাইদেৱে সঁচাকৈয়ে টোপনিৰ
দৰৱ নিছিল নেকি?
প্ৰথমাৱস্থাত ল'ৰাজনে অলপ থমত্ খালে৷ পাছত ল'ৰাজনে অভিযোগৰ সুৰত ক'লে- আপোনাৰ কিবা সন্দেহ আছে
নেকি?
নাই নাই, সন্দেহ নহয়। তছলিমে ক'লে-
বাইদেৱে কিয় আত্মহত্যা কৰিবলৈ যাব! কোনো কাৰণে দেখা নাই। সেই কাৰণেহে সুধিছো।
মই কেনেকৈ জানিম ! ল'ৰাজনে ক'লে- মই সিহঁতৰ ঘৰলৈ কেতিয়াবা কাচিৎহে যাও বিশেষ প্রয়োজন হ’লে।
আগে-পাছেও বাইদেৱে টোপনিৰ দৰৱ নিছিল নেকি?
নিছিল যদিও মই নাজানো৷ ল'ৰাজনে ক'লে- ফিৰদুছ ভাইৰ পৰা নিব পাৰে!
বেলেগ ঔষধ নিয়ে নেকি?
মই নিয়া দেখা নাই। ল'ৰাজনে ক'লে- প্রয়োজন হ'লে দাদায়ে নিয়ে। তদুপৰি প্ৰায়
সকলোবিধ ঔষধ ঘৰত থাকেই। গতিকে নিয়াৰ প্রয়োজনে নহয় ।
এইদৰে নানা প্রশ্ন সুধি তছলিম এটা কথা নিশ্চিত হ'লে যে ইয়াৰ আঁৰত নিশ্চয়
কিবা ৰহস্য আছে। ল'ৰাজনে ফিছৰ শ্ৰুতলিপি মতে কথা কৈছে বুলি
তাৰ অনুমান হ'ল। সি এই বিষয়ে মৌচুমীৰ লগতো আলোচনা হ'ল। মৌচুমীয়ে কথাটোত বিশেষ গুৰুত্ব নিদিলে। তথাপিও সি তাৰ তদন্ত অব্যাহত ৰাখিলে । সি এই বিষয়ে আব্দুল ৰছিদৰ লগতো আলোচনা
কৰিলে । ৰছিদে তাক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দিলে।
ববিতাৰ আত্মহত্যাৰ পাছত মৌচুমীহঁত কিছুদিন
ববিতাহঁতৰ ঘৰতে থাকিব লগা হ'ল। কাৰণ বাবলুক চম্ভালা টান হৈ পৰিছে। সি সদায় “মা মা’বুলি চিঞৰি থাকে। কেতিয়াবা টোপনিৰ মাজতো ‘মা মা’বুলি চিঞৰি উঠে। গতিকে মাক
মাছুমা বেওৱাৰ সৈতে মৌচুমী ববিতাহঁতৰ ঘৰতে থাকিবলৈ বাধ্য হৈছে।
ফিদুছৰ মনো ভাৰাক্ৰান্ত। সি ল'ৰাজন অর্থাৎ কদ্দুছৰ ওপৰত
ফাৰ্মাচিৰ সকলো দায়িত্ব এৰি দি ঘৰতে আছে। তছলিম এদিন ববিতাহঁতৰ ঘৰলৈ আহিল। ফিছৰ খা-খবৰ
লোৱাৰ ছলতে কোনো প্রমাণ সংগ্রহ কৰিব পাৰে নেকি এয়াই আছিল তাৰ আগমনৰ উদ্দেশ্য।
ফিৰদুছ বাৰাণ্ডাতে বহি আছিল। তছলিমক দেখি সি
মাতিলে- আহক, আহমেদ। বহক।
তছলিম বাৰাণ্ডালৈ উঠি গৈ ফিৰদুছৰ কাষতে বহিল। ক'লে- সিদিনা আপোনাৰ লগত
দেখা কৰিবলৈ ফাৰ্মাচিলৈ গৈছিলো। শুনিলো, আপুনি হেনো কিছুদিন
ধৰি ফাৰ্মাচিলৈ নাযায়। গতিকে ঘৰলৈকে দেখা কৰাৰ কাৰণে আহিলো। এইদৰে ঘৰত বহি থাকিলে
মনটো আৰু অধিক বেয়া লাগিব। গতিকে মানুহৰ মাজত ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰক৷
ফিৰদুছে দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক’লে- মানুহৰ আগত ওলাবলৈ মই
সাহসে গোটাব পৰা নাই। নানাজনে নানানটা প্রশ্ন সুধিব, তেতিয়া
মই কি উত্তৰ দিম ! নিজৰ ঘৈণীয়েকে ভুল বুজি আত্মহত্যা কৰিলে ৷ আইন-আদালতে মোক
ক্ষমা কৰিলেও মই নিজক ক্ষমা কৰিবপৰা নাই । তদুপৰি মানুহে নিশ্চয় ভাবি আছে, মোৰ দোষৰ বাবেই তাই
আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।
তছলিমে ভাবিলে, মানুহে ঠিকেই ভাবি আছে।
আত্মহত্যাৰ মূলত যে তুমি ইয়াত সন্দেহৰ অৱকাশ নাই। ইতিমধ্যে তোমাৰ সহকাৰী কদ্দুছে
মুখ খুলিছেই। আৰু কিছু তথ্য যোগাৰ কৰিব পাৰিলেই তোমাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা
হ'ব। তোমাৰ এই চকু-পানী যে ঘঁৰিয়ালৰ চকুপানী বহুতে ইতিমধ্যে
বুজিব পাৰিছেই। কিন্তু সি এইবোৰ কথা মুখ ফুটাই নক'লে। সি
কৃত্রিম সান্ত্বনা দিয়াৰ সুৰত ক'লে- মানুহে যি ভাবে ভাবিবলৈ
দিয়ক। আপুনি নিজেতো জানে আপুনি নির্দোষ!
তছলিমৰ কথা শুনি ফিৰদুছে যেন অলপ সকাহ পালে। সি
ভাৰাক্ৰান্ত হৃদয়েৰে ক'লে- ববিতাই আত্মহত্যা কৰাৰ কাৰণে মই খুবেই মর্মাহত । এতিয়া বাবলুক লৈ মই খুবেই সমস্যাত
পৰিছো। সি মাহীয়েকক এৰি আন কাৰো লগত থাকিবই নুখুজে। তাইৰ চাকৰি আছে, তায়ে বা কিমান দিন
চম্ভালিব পাৰিব! বাবলুৰ কাৰণে সিহঁতে ঘৰ-বাড়ী এৰি আমাৰ ইয়াত থাকিব লগা হৈছে।
সময়ত সকলো ঠিক হৈ যাব। তছলিমে উপদেশৰ সুৰত ক'লে- আপুনি ফাৰ্মাচিলৈ গৈ
বহিবলৈ আৰম্ভ কৰক। এইদৰে কৈয়ে তছলিমে সুধিলে- আপুনি কিবা অনুমান কৰিব পাৰিছে নেকি,
কি কাৰণত আত্মহত্যা কৰিলে?
মই কেনেকৈ জানিব। ফ্ৰিব্ৰুছে কৈফিয়তৰ সুৰত ক'লে- মই ওৰেটো দিন ফাৰ্মাচি
লৈ ব্যস্ত থাকো। মই তেনেকৈ একো গম নাপাও।
গোৱালপাৰাৰ কোনোবা এজনী নাৰ্চৰ প্ৰতি আপুনি কিছু
দুৰ্বল হৈ পৰা বুলি শুনিছো। ইয়াৰ কাৰণে আত্মহত্যা কৰিব পাৰে বুলি ভাবে নেকি ?
আপুনি ঠিকেই শুনিছে। ফ্ৰিব্ৰুছে ক'লে-কিন্তু আপোনালোকে ভবা
ধৰণে একো হোৱা নাই। আপোনাক আগতেই কৈছো, মই গোৱালপৰাত এখন
ফাৰ্মাচি খোলাৰ কথা ভাবিছো। সেই বাবেই মই দুদিন সিহঁতৰ ঘৰলৈ গৈছো। মানুহে ভাবি
লৈছে, মই তাইক বিয়া কৰাম! কথাটো একেবাৰে মিছা । ববিতাই যদি এই বিষয়ে কিবা শুনিছিল, তাই মোৰ লগত
পোনপটীয়াভাবে আলোচনা কৰিব লাগিছিল, কিন্তু তাকে নকৰি তাই
আত্মহত্যা কৰিলে। ইয়াৰ কাৰণে মই খুবেই মর্মাহত। আপুনি গোৱালপৰা লৈ গৈ জানিব পাৰে, নাচজনীৰ লগত মোৰ কি
সম্বন্ধ!
তছলিমে মনে মনে ভাবিলে, প্রয়োজন হ'লে নিশ্চয় জানিম। এইদৰে মনতে ভাবি মুখ ফুটাই ক'লে-
আপুনি বেয়া পাব নালাগে। দুই এজনে এই বিষয়ে আলোচনা কৰিছে বুলিহে সুধিছো ।
এনেতে মৌচুমীয়ে মাতিলে- আহক, চাহ ৰেডি ।
তছলিমে ক’লে- চাহ! নাখাও নেকি। মই এইমাত্ৰ দোকানৰ পৰা চাহ খাই
আহিছো।
চাহ বেছি নহ'ব। মৌচুমীয়ে ক’লে- আহক। চেঁচা
পৰি যাব ।
ফিৰদুছে ক’লে- ব’লক ৷ ৰাতিপুৱাৰ আদৰ পেলাব
নালাগে ।
(ঊনৈছ)
তছলিম ওলাই যোৱাৰ পাছত ফিছে কাপোৰ-কানি পিন্ধি
মৌচুমীক মাতি ক'লে- মই ফাৰ্মাচিলৈ গৈ আছো ৷ ফাৰ্মাচিৰ পৰা আহি ভাত খামহি।
মৌচুমীয়ে ক'লে- ময়ো হাস্পতাললৈ যাম। যোৱাৰ আগত মই ভাত-পানী
পাকঘৰতে যতনাই থৈ যামহি। আপুনি সময় মতে আহি খাই ল'ব। মোৰ
আজি আহোঁতে অলপ পলম হ'ব পাৰে! আজি স্বাস্থ্যমন্ত্ৰী অহাৰ কথা
আছে।
ফিৰদুছ ঘৰৰ পৰা ওলাই ফাৰ্মাচিলৈ নগৈ পোনে পোনে
কমল দাসৰ ঘৰলৈ আহিল।
কমল দাসে তাক উষ্ম আদৰণি জনালে- আহক, আহমেদ। এই ৰাতিপুৱা কি
সকামত?
প্রয়োজন হ'লেই আহিব লাগে। ফ্ৰিব্ৰুছে ক’লে-
ববিতাৰ আত্মহত্যাৰ পাছত ঘৰৰ পৰা ওলোৱাই নাই। আজিহে প্রথম ওলাইছো। মানুহৰ আগত
ওলাবলৈ সাহসে গোটাব পৰা নাই ।
কমল দাসে ৰহস্যময় ভংগীত ক’লে-নুলোৱাই ভাল হৈছে।
ববিতাৰ আত্মহত্যাৰ আঁৰত আপোনাৰ হাত থাকিব পাৰে বুলি বহুতে সন্দেহ কৰি আছে।
ফিৰদুছে হুমুনিয়াহ কাঢ়ি বিষণ্ণ কণ্ঠত ক'লে- কৰিলেও উপায় নাই!
কমল দাসে মিচিকিয়া হাঁহি মাৰি ক'লে- কথা কি? মানুহে ভবা ধৰণে কিবা আছে নেকি?
আপুনি কি যে কয়! ফ্ৰিব্ৰুছে নিস কণ্ঠত ক’লে- মই কিয় তাইক হত্যা
কৰিবলৈ যাম!
মোৰ আগত লুকুৱাই লাভ নাই। কমল দাসে ৰহস্যময়
ভংগীত ক'লে- কিবা আছে যদি মোৰ আগত
লুকুৱাব নালাগে । আপুনি আৰু মই দেখোন একেটা বিলৰে মাছ!
আপুনিও মোক সন্দেহ কৰে নেকি?
সন্দেহ নহয়। কমল দাসে ক’লে- ক'ব পাৰে, মই এই বিষয়ে এক প্ৰকাৰ নিশ্চিত।
আপুনি ভবা ধৰণে একো নহয়। ফ্ৰিব্ৰুছে কৈফিয়তৰ
সুৰত ক'লে- মই এই বিষয়ে আপোনাৰ
লগত পাছত আলোচনা হ’ম৷ আজি মই তছলিমৰ বিষয়ে আলোচনা কৰিবলৈ
আহিছো। মৌচুমী বৰ্তমান আমাৰ ঘৰত আছে। তছলিম আজিও আহিছিল আমাৰ ঘৰত। সোনকালে কিবা এটা কৰক । জোঁৰ পুৰি হাত পালে তেতিয়া একো কৰিব
নোৱাৰিব। সি আজিও মৌচুমীৰ লগত দেখা কৰিবলৈ গৈছিল ৷ মই ঘৰত থকা কাৰণে কথা
পাতিব পৰা নাই। মোৰ লগত কথা পাতিয়ে গুচি আহিছে। সিও আপোনাৰ দৰেই ভাবি আছে যেন
ধাৰণা হ'ল তাৰ কথা-বতৰাৰ পৰা৷
মানে? কমল দাস লৰি-চৰি বহিল। সুধিলে- কি ভাবি আছে?
ময়ে ববিতাক হত্যা কৰা বুলি সন্দেহ কৰি আছে।
ফ্ৰিব্ৰুছে ক’লে- জানিব পাৰিছো, থানাৰ অ’চি
তাৰ ল'ৰালিৰ বন্ধু। গতিকে তাক ইয়াৰ পৰা সোনকালে বিদায়
নকৰিলে শেষলৈ গৈ অনুশোচনা কৰিব লগা পৰিস্থিতি সৃষ্টি হ'ব
পাৰে।
কথাটো অৱশ্যে ময়ো শুনিছো। কমল দাসে ক'লে- সি হেনো বর্তমান দিনত
এপাক হ'লেও থানালৈ যায়।
এতিয়া কি কৰে কৰক । ফ্ৰিব্ৰুছে ক'লে- ৰহমতক লগাই নিদিয়ে
কিয়? গাঁৱৰ চেমনীয়া কিছুমানক উচটাই তছলিমৰ বিৰুদ্ধে
আন্দোলন আৰম্ভ কৰিবলৈ কওঁক। চেমনীয়াবোৰ এইবোৰ কামত সিদ্ধহস্ত। সিহঁতক কাৰণ নালাগে,
কোনোবাই কিবা এটা ক'লেই হ'ল। এয়াই সুবর্ণ সুযোগ! প্রয়োজন হ'লে মই নিজেও
এতিয়া সাক্ষী দিব পাৰিম।
ইমান দিনে আন্দোলন আৰম্ভ কৰি দিলোহেঁতেন। কমল দাসে অসুবিধাৰ কথা জনালে- ৰহমতক
ইতিমধ্যে কথাটো বুজাই কোৱা হৈছে। সি গাঁৱৰ চেমনীয়াবোৰৰ লগত এই বিষয়ে ইতিমধ্যে
আলোচনা কৰিছেই। ববিতাৰ আত্মহত্যাৰ কাৰণেহে আগবঢ়া নাই।
মই আজিয়ে এই বিষয়ে ৰহমতৰ লগত আলোচনা হ'ম। কমল দাসে ক'লে- এতিয়া কিবা এটা আৰম্ভ কৰিলে সিহঁতে চম্ভালিবলৈ সুযোগে নাপাব। কটা
ঘাঁত নেমুৰ ৰস দিয়াৰ দৰে হ'ব। শত্ৰুক দুৰ্বল মুহুৰ্তত আঘাত
কৰা প্ৰয়োজন ।
ফিৰদুছে কিবা এটা মনত পৰাৰ দৰে ক'লে- আজি আমাৰ স্বাস্থ্যকেন্দ্ৰ
লৈ স্বাস্থ্যমন্ত্ৰী আহিব। শুনিছো, স্বাস্থ্যমন্ত্ৰীৰ লগত
আপোনাৰ সম্পর্ক খুবেই ভাল । তাৰ বিৰুদ্ধে পিটিচন এটা নিদিয়ে কিয় !
কথাটো বেয়া নহ'ব। কমল দাসে এই বিষয়ে অসুবিধাৰ
কথা প্ৰকাশ কৰিলে- কিন্তু পিটিচন দিবলৈ হ'লে দেখোন ৰাইজৰ
চহীৰ প্ৰয়োজন হ'ব। এই কম সময়ৰ ভিতৰত চহী সংগ্ৰহ কৰাটো জানো
সম্ভৱ হ'ব?
ৰহমতক কওঁকচোন। সি নিশ্চয় সংগ্ৰহ কৰিব পাৰিব ।
বাৰু, মই চেষ্টা কৰি চাওঁ, কি কৰিব
পাৰো ! কমল দাসে ক'লে- মই এতিয়াই ৰহমতহঁতৰ ঘৰলৈ যাম। তাক লগ
পালে চহী সংগ্রহ কৰিবলৈ লগাই দিম।
মই এতিয়া যাওঁ। ফিৰদুছে ক’লে- ঘৰৰ পৰা ফাৰ্মাচিৰ কথা
কৈ ওলাই আহিছো। মৌচুমী ফাৰ্মাচিলৈ যাব পাৰে। তাই ফাৰ্মাচিত লগ নাপালে মই আকৌ
কৈফিয়ত দিব লাগিব।
ঠিক আছে। আপুনি এতিয়া যাওঁকগৈ। কমল দাসে ক’লে- ৰহমত আপোনাৰ ওচৰলৈ গ'লে চহীটো দি দিব।
মই চহী দিয়াৰ প্ৰয়োজন নহ'ব। ফিৰদুছে অসুবিধাৰ কথা
জনালে- এই মাত্ৰ আমাৰ ঘৰত এটি অঘটন ঘটি গৈছে। এতিয়া মই তছলিমৰ বিৰুদ্ধে চহী দিলে
মানুহে কি বুলি ক'ব। তদুপৰি সি আমাৰ ঘৰলৈ সঘনে গৈ থাকে। মই
চহী দিলে আক্রোশবশতঃ দিয়া বুলি ভাবিব পাৰে৷ যদি মোক কোনোবাই সোধে তেতিয়া যি ক'ব লাগে মই নিশ্চয় ক’ম।
তাৰ মানে আপুনি মাছৰ জোলেৰে ভাত খাব ঠিকেই, কিন্তু পানীত নানামিব । কমল দাসে ক’লে- হ'ব, আপুনি চহী নিদিলেও হ'ব। কিন্তু প্রয়োজন হ'লে সাক্ষী দিবই লাগিব। তেতিয়া
কিন্তু কোনো বাহানা নচলিব৷
এই বিষয়ে আপুনি নিশ্চন্ত থাকিব পাৰে। সঁচা কথাহে
ক’ম। ইয়াত আকৌ ভয় কৰিব লগা
কি আছে !
ফিৰদুছ ফাৰ্মাচিলৈ বুলি ওলাই আহিল। কমল দাসে
বাইকখন লৈ ৰহমতৰ ঘৰলৈ বুলি ওলাল।
(বিছ)
ফিৰদুছ আৰু হামিদাৰ সম্পৰ্কৰ বিষেয় জানিবলৈ তছলিম
এদিন গোৱালপাৰালৈ আহিল। কিন্তু হামিদা ঘৰত নাছিল।তাই গুয়াহাটীলৈ গৈছিল কিবা কামৰ
কাৰণে। হামিদাৰ মাক ঘৰতে আছিল।সি হামিদাৰ মাকৰ ওচৰত ফিৰদুছৰ বিষয়ে সকলো ভাঙি-পাতি
কৈ ক’লে-ফিৰদুছৰ বিষয়ে মই এটা
কথাও বঢ়াই কোৱা নাই।ফিৰদুছ মানুহজন দেখাত সৰল যেনেই লাগে।কিন্তু সৰলতা হ'ল তাৰ মূখা। মুখাৰ আঁৰৰ মানুহজন খুবেই ভয়ংকৰ।গতিকে আপোনাৰ ছোৱালীক সাৱধান
কৰি দিব। চূড়ান্ত
কোনো সিদ্ধান্ত লোৱাৰ আগতে খা-খবৰ লৈ ফিৰদুছৰ বিষয়ে ভালদৰে জানি ল'বলৈ ক'ব।
হামিদাৰ মাকে ক’লে-হামিদা মন্দিয়াত থাকোতে
ফিৰদুছৰ লগত পৰিচয় হৈছিল। সেই সূত্ৰ ধৰিয়ে সি দুবাৰ আমাৰ ঘৰলৈ আহিছে। সি হেনো গোৱালপাৰাত
ফাৰ্মাচি খোলাৰ কাৰণে লাগি আছে।
ফাৰ্মাচি এটা নহয়, দুটাই খোলক সি। তাত আপত্তি কৰিব লগীয়া একো নাই। তছলিমে ক’লে- যাতে আপনাৰ জীয়েকে কোনো চূড়ান্ত সিদ্ধান্ত নলয় এই
বিষয়েহে মই সতৰ্ক কৰি দিবলৈ আহিছো।
তাই ইমান অবুজ নহয়। হামিদাৰ মাকে ক'লে- মোৰ বিশ্বাস, কথাটো বুজাই ক'লে তাই নিশ্চয় বুজিব পাৰিব।
বুজি পালে তাইৰে মংগল হ’ব।তছলিমে ক’লে-মই তাইৰ মংগল হোৱাটোৱে কামনা কৰোঁ।
এইদৰে সাৱধান কৰি দি তছলিম সিদিনাই মন্দিয়ালৈ
গুচি আহিল।সি কোৱাৰ্টাৰলৈ আহোঁতে সন্ধিয়া হৈ গ'ল। কাপোৰ-কানি সলাই ফ্ৰেছ হৈ সি
বৈঠকখানাত আহি বহিল। মর্জিনা পেহীয়ে চাহ আনি দিলে।
মর্জিনা পেহীয়ে ক'লে- উপেন দুবাৰমান আপোনাক বিচাৰি
আহিছিল। কিবা হেনো চিঠি আছে।
চিঠি ! মানে? কি চিঠি? তছলিমে ক'লে- চিঠি দি গৈছে নেকি? আনকচোন ।
চিঠিখন দি যোৱা নাই। মর্জিনা পেহীয়ে ক'লে- মই থৈ যোৱাৰ কথা
কৈছিলো। সি থৈ যোৱা নাই। আপোনাৰ হাততে দিব হেনো !
তছলিমে চাহৰ কাপত চুমুক দি ভাবিবলৈ ধৰিলে। কি
চিঠি হ'ব পাৰে ! ঘৰৰ পৰা চিঠি
আহিছে নেকি? নাই নাই, ঘৰৰ চিঠি নহয় ৷
কিবা জৰুৰী কথা থাকিলে অফিচত ফোন কৰিলেহেঁতেন। তেনেকৈয়ে কোৱা আছে। নিশ্চয়
অফিচিয়াল কোনো চিঠি হ’ব!
চাহ খাই কাপোৰ-কানি পিন্ধি সি মামুদ চাহাবৰ
কোৱাৰ্টাৰলৈ বুলি ওলাল। সি বাৰাণ্ডা পাইছিলহি মাথোন এনেতে উপেনক গেট খুলি ভিতৰলৈ
সোমাই অহা দেখিলে। সি উপেনক উদ্দেশ্য কৰি সুধিলে- চিঠিখন আনিছে নেকি?
উপেনে বাৰাণ্ডালৈ উঠি আহিপকেটৰ পৰা খামটো উলিয়াই
তছলিমৰ হাতত দি ক'লে- আজি ৰাতিপুৱা ছাৰে মোক চিঠিখন দিছে। মই আপোনাৰ কোৱাৰ্টাৰলৈ খামটো
দিয়াৰ কাৰণে আহিছিলো, কিন্তু আপুনি কোৱাৰ্টাৰত নাছিল।
তছলিমে খামটো ফালি চিঠিখন উলিয়াই চকু ফুৰাবলৈ
ধৰিলে। বদলি-আদেশ। তাক তাৰ নিজ জিলালৈ বদলি কৰা হৈছে। বদলিৰ কাৰণ ৰাইজৰ আপত্তি । কিন্তু কি আপত্তি সেয়া উল্লেখ নাই
চিঠিত। সি শিল পৰা কপৌৰ দৰে থৰ লাগি কিছু সময় চিঠিখনৰ ফালে চাই ৰ'ল ৷ বদলিৰ কাৰণ উপলব্ধি
কৰিবলৈ তাৰ অসুবিধা নহ'ল। আচলতে বর্তমান ব্যৱস্থাত
ন্যায়-নিষ্ঠা আৰু সততাৰ কোনো মূল্য নাই। মানুহে নিজৰ স্বার্থসিদ্ধিৰ বাবে যিকোনো
কামেই কৰিব পাৰে। ইয়াৰ পৰা যে সি খেদা খাব লাগিব এই কথা সি কমল দাসৰ উৎকোচ গ্রহণ
নকৰাৰ দিনাই উপলব্ধি কৰিব পাৰিছিল। সি চিঠিখন লেফাফাত ভৰাই উপেনৰ ফালে চালে।
উপেনে ক'লে- মই বিডিও ছাৰৰ পৰাই কথাটো জানিব পাৰিছো। ‘স্টে’ৰ চেষ্টা কৰক, ছাৰ। ইমান
সোনকালে বদলি ! আমি সৰু মানুহ হ'লেও সকলো বুজি পাও । সিদিনা কমল দাসৰ উৎকোচ গ্রহণ নকৰাৰ ফলতে
এনেকুৱা হৈছে। আপুনিতো কোনো অন্যায় কৰা নাই। এয়া খামখেয়ালিৰ বাহিৰে আন একো
নহয়। আৰে, কাম নকৰি চৰকাৰৰ টকা মাৰি খাবি, ই কেনে কথা! এই খাম
খেয়ালী আপুনি সহজে মানি নল’ব, ছাৰ।
উপেনে সুৰ সলাই সুধিলে- স্টেৰ কাৰণে চেষ্টা কৰিব নেকি, ছাৰ?
তছলিমে টপৰাই উত্তৰ দিলে- নকৰোঁ। বদলিৰ চাকৰি
যেতিয়া বদলিতো এদিন হ’বই লাগিব। আচলতে কোৱাৰ্টাৰটোৰে দোষ আছে। ইয়াত থাকিলে কাৰোবাৰ মৃত্যু হয়,
কাৰোবাৰ আকৌ বদলি হয় !
তেনেকৈ কিয় কৈছে, ছাৰ?
এনেয়ে কৈছো। তছলিমে লঘুভাবে ক’লে- ভালেই হ'ল। ইয়াত থাকিলে কোনোবাদিনা হয়তো ভূতে মাৰিয়ে পেলালেহেঁতেন। বদলিৰ কাৰণে
হয়তো জীৱন লৈ যাব পাৰিলো! কিন্তু এষাৰ কথা মই বুজিব পৰা নাই, ইয়াত ভূত থকা বুলি কিয় কৈছিল আপুনি? বদলি হৈছে
যেতিয়া এতিয়াতো যাবই লাগিব । কথাটো জানি যাব পাৰিলে ভাল লাগিলহেঁতেন।
উপেনৰ মুখমণ্ডল কেহৰাজৰ দৰে ক'লা পৰি গ'ল। সি সেমেনা-সেমেনি কৰি ক'লে- আচলতে ছাৰ, কোনোবাই আত্মহত্যা কৰিলে তাৰ আত্মা তাতেই ঘূৰি ফুৰে বুলি জনশ্রুতি আছে,
সেই বাবেই কৈছিলো, ছাৰ ৷
আৰু সেই আত্মাই কেতিয়াবা তাৰ মৃত্যুৰ প্ৰকৃত
ৰহস্য উদঙাই দিব পাৰে বুলিও এটা বিশ্বাস আছে। তছলিমে এইবাৰ পোনপটীয়াভাবে ক’লে- তেনেকুৱা কিবা ভয় আছে
নেকি কাৰোবাৰ?
মই কেনেকৈ জানিম, ছাৰ! উপেনে সেমেনা-সেমেনি কৰি ক'লে- সিতো আত্মহত্যাই কৰিছিল! টোপনিৰ দৰৱ খাই।
সেই আত্মহত্যাৰ পাছতে আপোনাৰ ঘৈণীয়েকৰ অপাৰেশ্বন
হৈছিল। কথাটো সঁচা নেকি?
হৈছিল ছাৰ। উপেনে ক'লে- সেই অপাৰেশ্বনৰ লগত
আত্মহত্যাৰ কি সম্বন্ধ থাকিব পাৰে, ছাৰ? এইবোৰ কথা আপোনাক কোনে কৈছে? মর্জিনা পেহীয়ে নেকি?
মর্জিনা পেহীয়ে কোৱা নাই। তছলিমে ক’লে- আপুনি তেতিয়া
অপাৰেশ্বনৰ কাৰণে কাৰ পৰা টকা লৈছিল? কমল দাসে দিছিল নেকি?
নাই নাই, ছাৰ। উপেনে সেমেনা-সেমেনি কৰি ক'লে- বেলেগ এজনৰ মানুহৰ পৰা ধাৰে লৈছিলো।
কোন আছিল সেইজন বেলেগ মানুহ? তছলিমে ক'লে- সি আপোনাক সহায়হে কৰিছিল তাৰ নাম কোৱাত আপোনাৰ আপত্তি কিয় ?
নাই নাই ছাৰ, আপত্তি নহয়। উপেনে ক’লে-ফ্ৰিব্ৰুছে
মোক টকা দি সহায় কৰিছিল। তাৰ ঋণ মই জীৱনতো পৰিশোধ কৰিব নোৱাৰিম ।
সেই টকা আপুনি পৰিশোধ কৰিছে নেকি?
এতিয়ালৈকে কৰিব পৰা নাই, ছাৰ। টকা হাতত আহিলেই দি
দিম।
তছলিমৰ মুখমণ্ডল হিংস্ৰ হৈ উঠিল। পাঁচ বছৰে টকা
পৰিশোধ নকৰাৰ অৰ্থ বুজিবলৈ তছলিমৰ অসুবিধা নহ'ল । কিন্তু প্রমাণ নোহোৱাকৈ একো কোৱা সম্ভৱ নহয় কাৰণে সি পাছমুহূৰ্ততে
নিজক চম্ভালি ক’লে- ঠিক আছে। আপুনি এতিয়া যাওঁকগৈ।
সেমেনা-সেমেনি কৰি উপেন বাৰাণ্ডাৰ পৰা নামি গ'ল। তছলিমে ৰিঙিয়াই মাতি ক'লে- পেহী, মই অলপ বাহিৰলৈ গৈ আছো। মোৰ অহাত অলপ পলম
হ'ব পাৰে। তুমি মোৰ কাৰণে অপেক্ষা কৰিব নালাগে। ভাত-পানী
ৰেডি কৰি থৈ ঘৰলৈ যাবাহি।
তছলিম পোনে পোনে থানালৈ আহিল। নৃপেন ৰয়
বাৰাণ্ডাত থিয় দি আছিল ৷ সি তছলিমক উষ্ম আদৰণি জনালে- আৰে, তছলিম তই! এই সন্ধিয়া
পৰত ! আহ, বৈঠকখানাত বহোঁগৈ ।
উভয়ে বৈঠকখানালৈ সোমাই আহিল।
তছলিমে সুধিলে- কেচ ডায়েৰী পঢ়িলি নেকি?
নৃপেন ৰয়ে ক'লে- এৰা, পঢ়িলো। কেচ ডায়েৰী
পঢ়ি মই যি দেখিলো, গাখীৰত টোপনিৰ দৰৱ সম্ভৱতঃ উপেনেই
মিহলাইছিল। কিন্তু কি কাৰণত মিহলাইছিল সেয়া স্পষ্টকৈ বুজিব পৰা নাই ৷
উপেনে নিশ্চয় এই কাম নিজৰ স্বাৰ্থত কৰা নাছিল।
তছলিমে ক'লে- তাক এই কাম কৰিবলৈ
কোনোবাই নিয়োগ কৰিছিল ৷
নৃপেন ৰায়ে ক’লে- কিন্তু কোনে নিয়োগ কৰিব পাৰে?
কমল দাস? সম্ভৱতঃ নহয়। কাৰণ সি ইচ্ছা কৰিলে
ককাইদেউক বদলি কৰিব পাৰিলেহেঁতেন ! তাকে নকৰি সি ইমান ডাঙৰ ৰিক্স ল'বলৈ যাব কিয় ? বহুদিনৰ পুৰণি কেচ ! এই কেচ পুনৰ
অপেন কৰিবলৈ হ'লে গ্ৰহণযোগ্য সাক্ষ্য-প্রমাণ লাগিব। ফলত কিছু
সময় লাগিব। তই এটা কাম কৰ। কিছু সাক্ষ্য-প্রমাণ সংগ্ৰহ কৰ। সাক্ষ্য-প্রমাণ পালেই
মই কেচটো পুনৰ মুকলি কৰাৰ কাৰণে এচপিৰ লগত আলোচনা কৰিম৷
তছলিমে ক'লে- মই সাক্ষ্য-প্রমাণ যোগাৰ কৰা সম্ভৱ নহ'ব। মই এসপ্তাহৰ ভিতৰতে ইয়াৰপৰা গুচি যাব লাগিব ৷
নৃপেন ৰয়ে তছলিমৰ কথাৰ অৰ্থ বুজিব নোৱাৰি ক'লে- মানে!
মোৰ বদলি হৈছে। তছলিমে ক’লে- এসপ্তাহৰ ভিতৰতে ইয়াৰ
পৰা যাব লাগিব ৷
বৰ বেয়া কথা হৈছে। নৃপেন ৰয়ে ক'লে- স্টে’ৰ ব্যৱস্থা কৰ।
নকৰো। তছলিমে দৃঢ়তাৰে ক'লে- বদলিহে কৰিছে, চাকৰিতো যোৱা নাই !
বদলিৰ কাৰণ কিবা ধৰিব পাৰিছ নেকি?
কাৰণ এটাই। তছলিমে ক’লে- ঘোচ লৈ অবৈধভাবে টকা
সৰকোৱাৰ সুবিধা দিয়া নাই।
নৃপেন ৰয়ে ক’লে- মই কোৱাটো অৱশ্যে শোভা নাপায় । কাৰণ আৰক্ষী বুলি ক'লেই আটায়ে ঘোচখোৰ বুলি
ভাবে। আচলতে আমাৰ দেশখন দুৰ্নীতিৰ কাৰণেই পিছপৰি আছে। তলৰ পৰা একেবাৰে ওপৰ
মহলালৈকে দুৰ্নীতিৰ বোকাত পোত খাই আছে।
তছলিমে এই বিষয়ে মন্তব্য কৰিলে- এইবোৰ কথা
চাৰিবেৰৰ মাজত বহি আলোচনা কৰি লাভ নাই। ইয়াৰ কাৰণে সংগঠিত সংগ্ৰামৰ প্রয়োজন।
বাৰু, এতিয়া তই কেচটো কি কৰিব
খুজিছ?
নৃপেন ৰয়ে ক’লে- কিন্তু প্রমাণ ক’ত? প্ৰমাণ নোহোৱাকৈ এই কেচ আগবঢ়োৱাটো সম্ভৱ নহয় ৷
প্রমাণ মই দিম। তছলিমে ক'লে- আজি মই উপেনৰ লগত কথা পাতিছো । তাৰ কথাৰ পৰা মই এষাৰ কথা বুজিব পাৰিছো
যে, সি হত্যাৰ বিষয়ে মাথোন
জনাই নহয়, সি নিজে জড়িতও আছিল। এইদৰে কোৱাৰ পাছত সি উপেনৰ
লগত আলোচনা হোৱা কথাবোৰ বিৱৰি ক'লে।
কেচ ডায়েৰী পঢ়ি ময়ো কথাটো অনুমান কৰিব পাৰিছো।
নৃপেন ৰয়ে ক’লে- কিন্তু উপেনেই যে গাখীৰত টোপনিৰ দৰৱ মিহলাইছিল তাৰ প্ৰমাণ কি?
আত্মহত্যাৰ কিছুদিন পাছত তাৰ ঘৈণীয়েকৰ অপাৰেশ্বন
হৈছিল আৰু সেই অপাৰেশ্বনৰ টকা দিছিল ফিছে। সেই টকা সি এতিয়ালৈকে ফিদুছক ওভতাই
দিয়া নাই। ইয়াৰ পৰা প্ৰমাণ নহয় নেকি যে, উপেনে ফ্ৰিব্ৰুছৰ নিৰ্দেশত গাখীৰত টোপনিৰ দৰৱ
মিহলাইছিল?
কিন্তু ফিৰদুছে কিয় মিৰণ ককাইক হত্যা কৰিব? নৃপেন ৰয়ে ক'লে- এজনৰ বিপদত সহায় কৰাটোতো অপৰাধ নহয় ! তদুপৰি প্ৰতিটো হত্যাৰ
অন্তৰালতে মোটিভ থাকে। মোটিভ কি?
ববিতা আৰু ককাইদেউৰ প্ৰেমৰ সম্পৰ্ক আছিল । তছলিমে ক'লে- ককাইদেৱে ববিতাক বিয়া কৰোৱাৰ
কথাও ভাবিছিল। ববিতাৰ মাক- দেউতাকৰো সেই বিয়াত সন্মতি আছিল । আনহাতে ফিৰদুছ ববিতাহঁতৰ ঘৰত আশ্ৰয় লৈ
আছিল। সিও মনে মনে ববিতাক কামনা কৰিছিল ৷ গতিকে প্ৰেমৰ প্ৰতিদ্বন্দ্বীক
বাটৰ পৰা আঁতৰাই দিয়াটো একো আচৰিত কথা নহয় । এনেকুৱা ঘটনা অনাদি কালৰ পৰা সংঘটিত হৈ
আহিছে।
তই প্রয়োজনীয় ‘ব্লু’ এটা
দিছ। ঘটনাটো এতিয়া পৰিষ্কাৰ হৈ আহিছে।
ইয়াতকৈও প্রয়োজনীয় ‘ব্লু’ এটা মোৰ জনা আছে। তছলিমে ৰহস্যপূর্ণ দৃষ্টিৰে নৃপেন ৰয়ৰ ফালে চাই সুধিলে-
ফিদুছক তই দেখিছ নেকি?
তেনেকৈ মনত পৰা নাই। নৃপেন ৰয়ে ক’লে- দেখিলেও নামে মানুহে
চিনি নাপাও ।
দেখিলেই তই চিনিব পাৰিবি ৷
কেনেকৈ? নৃপেন ৰয় অধৈৰ্য হৈ উঠিল- ক'চোন
কথাটো কি?
আমাৰ গাঁৱত যে বোৱাৰী এজনীক হত্যা কৰি মাটিৰ তলত
পুতি থৈছিল তোৰ মনত নাই হ’বলা ?
তছলিমৰ কথা শুনি নৃপেন ৰয় জঁপিয়াই উঠিল। ক'লে- অ' আছেতো! গেলা-পচা লাচটো মইও দেখিছিলো। ফিৰদুছ। অ’ মনত
পৰিছে। এইজন ফিৰদুছে সেই হত্যাকাৰী ফিৰদুছ নেকি? তাক এতিয়াই
আটক কৰি হাজোতত ভৰাই নগাঁও আৰক্ষীলৈ ফোন কৰিম ৷
সি চাৰিটা হত্যাৰ লগত জড়িত।
চাৰিটা হত্যা মানে! নৃপেন ৰয়ে সুধিলে- তই কোন
কেইটা হত্যাৰ কথা ক'ব খুজিছ?
আমাৰ তাত বোৱাৰী হত্যা কৰা কথাটো তই নিজেই জান।
তছলিমে ক'লে- মোৰ বিশ্বাস, ককাইদেউ, ববিতাৰ দেউতাক পীৰজাহান আৰু ববিতা হত্যাৰ
লগতো ফিদুছ জড়িত।
এইবোৰ কথা তই ইমান দৃঢ়তাৰে কেনেকৈ কৈছ? নৃপেন ৰয়ে সুধিলে।
ফিৰদুছক গ্ৰেপ্তাৰ কৰি থানালৈ আনিলেই সকলো ওলাই
পৰিব। তছলিমে পৰামৰ্শ আগবঢ়ালে- তাৰ আগতে তই উপেনক থানালৈ মাতি আনি ককাইদেউৰ
হত্যাৰ বিষয়ে নিশ্চিত হৈ ল'। কাৰণ মই আগতে ককাইদেউৰ হত্যাৰ বিষয়ে নিশ্চিত হ'ব খুজিছোঁ।
তছলিমৰ পৰামৰ্শ মতে পিছদিনা ৰাতিপুৱা উপেনক
থানালৈ মাতি আনি জেৰা কৰাত সকলো ঘটনা স্পষ্ট হৈ পৰিল। গাখীৰত টোপনিৰ দৰৱ উপেনেই মিহলাইছিল ফিছৰ
নিৰ্দেশত। এই কামৰ বাবে ফ্ৰিব্ৰুছে উপেনক পাঁচ হাজাৰ টকা দিছিল। উপেনৰ তিনিমাহ
দৰমহা বন্ধ আছিল। ইফালে ঘৈণীয়েকৰ অপাৰেশ্বনৰ কাৰণে টকাৰ দৰ্কাৰ হৈছিল। অপাৰেশ্বন
নকৰিলে মৃত্যু নিশ্চিত বুলি ডাক্তৰে জনাই দিছিল। গতিকে সি বলিয়াৰ দৰে টকা বিচাৰি
আছিল।
সিদিনা উপেনে ঘৈণীয়েকৰ ঔষধৰ কাৰণে ফাৰ্মাচিলৈ
গৈছিল।
ফ্ৰিব্ৰুছে তেতিয়া তাৰ ঘৈণীয়েকৰ অসুখৰ বিষয়ে
সুধিছিল।
উপেনে তেতিয়া কৈছিল- অপাৰেশ্বন কৰাব লাগিব। বহু টকাৰ প্ৰয়োজন। কিন্তু এতিয়ালৈকে টকা যোগাৰ কৰিবপৰা নাই।
ফিৰদুছে তেতিয়া কৈছিল- মোৰ কাম এটা কৰি দিলে, অপাৰেশ্বনৰ সমুদায় টকা
মই বহন কৰিম। সেই টকা ঘুৰায়ো দিব নালাগে ।
উপেনে কৈছিল- কি কাম? টকা পালে মই নিশ্চয় কৰিম,
যদি মোৰ সাধ্যাতীত নহয়।
কাম বিশেষ একো নহয়। ফিৰদুছে কৈছিল- আপুনি ইচ্ছা
কৰিলেই কৰিব পাৰিব । কি কৰিব লাগিব, কওঁক ।
ইয়াৰ পৰা এজন মানুহক খেদি পঠিয়াব লাগে।
কাক?
মিৰণক! ফিৰদুছে ক’লে- আপোনালোকৰ ইঞ্জিনিয়াৰক।
কিয় ?
মই ববিতাক বিয়া কৰাব বিচাৰো। ফিৰদুছে ক’লে- কিন্তু সি থাকিলে
সম্ভৱ নহ'ব।
কি কৰিব বিচাৰিছে?
তাক বদলি কৰিব লাগে। ফিৰদুছে ৰহস্যময় ভংগীত ক'লে- শুনিছো, তাক হেনো অফিচৰ মানুহেও বেয়া পায়। যদি মোৰ পৰামৰ্শ অনুসৰি কাম কৰে সি
বদলি হোৱাটো নিশ্চিত। আপুনি তেতিয়া অফিচত ‘হিৰো’ হৈ যাব ।
উপেনে ক’লে- মাথোন অফিচৰ মানুহেই চাহাবক বেয়া নাপায়, ঠিকাদাৰসকলেও বেয়া পায়। বহুতেই চাহাবৰ বদলিৰ কাৰণে লাগি আছে। কওঁক,
কি কৰিব লাগিব?
কাম বিশেষ একো নহয় । ফ্ৰিব্ৰুছে ক’লে- মই কেইটামান নিচাযুক্ত
টেবলেট দিম । আপুনি দৈনিক চাৰিটামানকৈ টেবলেট গাখীৰৰ লগত মিহলাই খুৱাব । চাহাব, নিশা কেই বজাত বিছনালৈ যায়?
এঘাৰ বজাত ৷
নিশা এঘাৰ বজাত খালে, নিচা ৰাতিপুৱা এঘাৰ
বজালৈকে থাকিব। নাই নাই, একো চিন্তা কৰিব নালাগে । নিচাৰ বাহিৰে একো নহয় ৷ নিচা কৰি
চাৰি-পাঁচদিনমান অফিচত গ'লেই কৰ্মচাৰীসকলে তাৰ বিৰুদ্ধে ডিচিৰ ওচৰত অভিযোগ দিয়াৰ সুযোগ পাব।
তেতিয়া তাৰ বদলি নিশ্চিত ৷
ফিদুছৰ পৰামৰ্শ মতেই উপেনে মিৰণৰ গাখীৰত পাঁচটা
টেবলেট মিহলাই দিছিল আৰু সেই টেবলেট খোৱাৰ পাছতে মিৰণৰ মৃত্যু হৈছিল। অৱশ্যে
টেবলেট খোৱাৰ ফলত মিৰণৰ মৃত্যু হ'ব বুলি উপেনে জনা নাছিল। কাৰণ টেবলেট খালে মিৰণে
বলিয়ালি কৰিব বুলিহে ফিৰদুছে তাক জনাইছিল।
আন কোনো মানুহ হত্যাৰ লগত জড়িত থাকিব পাৰে বুলি
উপেনক নানাভাবে জেৰা কৰা হ'ল, কিন্তু সি নিশ্চিত ভাবে জনাই দিলে যে, সি জনামতে আন কোনো মনুহ হত্যাৰ লগত জড়িত নাছিল । এই হত্যাৰ লগত কমল দাস জড়িত থাকিব পাৰে
বুলি বহুতে সন্দেহ কৰিছিল । সেয়ে এই বিষয়েও সোধা হ'ল। কিন্তু উপেনে কমল দাস জড়িত নাছিল বুলি স্পষ্টভাবে
জনাই দিলে।
উপেনক জেৰা কৰি থাকোঁতেই এজন মানুহে খবৰ দিলে যে, বিদ্যুৎ পিষ্ট হৈ ফিছৰ
মৃত্যু হৈছে। উপেনক লকআপত ভৰাই নৃপেন ৰয় ফিৰদুছৰ ঘৰলৈ বুলি ওলাল।
ৰান্ধনিশালত ফিৰদুছৰ মৃতদেহ চিত হৈ পৰি আছিল।
কাষতে গাখীৰৰ পাত্ৰ পৰি আছিল। পাত্ৰটোৰ পৰা গাখীৰ পৰি ঠাইডোখৰ তিতি আছিল। জুহালৰ
জুইৰ তাপত ফিছৰ চুলি আৰু মুখমণ্ডলৰ একাংশ পুৰি কিম্ভূত-কিমাকাৰ ৰূপ ধাৰণ কৰিছিল । সি হাতৰ মুঠিত বিদ্যুতৰ তাঁৰ এডাল ধৰি
আছিল। তাঁৰডালত বিদ্যুৎ প্রবাহিত হৈ আছিল। মৃত্যুৰ কাৰণ বিদ্যুৎপ্রবাহ বুলি
উপলব্ধি কৰিবলৈ কাৰো অসুবিধা নহ'ল ৷ কিন্তু তাঁৰডাল সি হাতৰ মুঠিত ধৰি থকাৰ কাৰণ কি এই
বিষয়ে কোনেও সঠিক সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। নৃপেন
ৰয়ে মন্তব্য কৰিলে- ‘হয়তো তাঁৰডাল কিবা কাৰণত চিঙি গৈছিল
আৰু মেৰামত কৰিবলৈ গৈ এই দুৰ্ঘটনাটো সংঘটিত হৈছে।’
আটায়ে নৃপেন ৰয়ৰ লগত সহমত প্ৰকাশ কৰিলে৷
নৃপেন ৰয়ে সুধিলে- দুৰ্ঘটনাটো সংঘটিত হোৱাৰ
সময়ত কোনোবা ঘটনাস্থলীত উপস্থিত আছিল নেকি?
চুবুৰীয়া এজনে ক'লে- সম্ভৱতঃ নাছিল। কাৰণ
দুদিনমানৰ পৰা সি অকলেই আছিল ঘৰখনত। ববিতাৰ আত্মহত্যাৰ পাছত মৌচুমীহঁত কিছুদিন
ঘৰখনত আছিল যদিও দুদিনমান আগতে সিহঁত নিজৰ ঘৰলৈ গুচি গৈছে।
নৃপেন ৰয়ে প্রাথমিক তদন্ত কৰি পোষ্টমৰ্টেমৰ বাবে
মৃতদেহটো সদৰলৈ চালান দিলে।
মৃতদেহটো সদৰলৈ পঠিয়াই দি নৃপেন ৰয়ে ক’লে- আমাৰ আৰু কৰিবলৈ একো
নাথাকিল। ভগবানে নিজেই বিচাৰ কৰিছে ।
তছলিমো আহিছিল নৃপেন ৰয়ৰ লগত। সি ক্ষোভেৰে সৈতে
ক'লে- ভগবানে আজিহে বিচাৰ
কৰিবলৈ সময় পালে, ইমান দিন ক’ত আছিল
ভগবান? আমি উৰহীৰ ওৰ বিচাৰি পাওঁতেই ভগবানৰ বিচাৰৰ কথা মনত
পৰিল !
ভগবানৰ কামত বাধা দিবলৈ নৰ-মনিচৰ শক্তি ক’ত! নৃপেন ৰয়ে উপদেশৰ সুৰত
ক'লে- কথাতে আছে নহয়, এশ গৰু মাৰিলে
বাঘৰো মৰণ হয়। এওঁৰ ক্ষেত্ৰতো সেয়াই হ'ল। আমি এতিয়া উপেনক
জে'ললৈ প্ৰেৰণ কৰি গাখীৰৰ সোৱাদ ঘোলেৰে মিটাব লাগিব।
পাছদিনা উপেনক কোর্টলৈ চালান দিয়া হ'ল।
এসপ্তাহ পাছত পোষ্টমৰ্টেমৰ ৰিপোৰ্ট আহিল। সন্দেহ
কৰা ধৰণেই বিদ্যুৎ প্রবাহিত হৈ ফিছৰ মৃত্যু হোৱা বুলি ৰিপোৰ্টৰ পৰা জানিব পৰা গ'ল ৷ সি ফেৰাৰি আচামী বুলি
ইতিমধ্যে প্ৰচাৰ হৈ গৈছিল। সেয়ে ধৰা পৰাৰ ভয়ত আত্মহত্যা কৰা বুলিও বহুতে সন্দেহ
প্ৰকাশ কৰিলে ৷
(একৈছ)
এসপ্তাহমান পাছত বদলি হৈ তছলিম নিজ জিলা নগাওঁ লৈ
আহিল। খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় তাৰ ঘৰৰ পৰা বৰ বেছি আঁতৰত নহয়। দুই
ঘণ্টামানৰ বাট। প্ৰথম কেইদিনমান সি ঘৰৰ পৰাই অহা-যোৱা কৰিলে। পাছত কোৱাৰ্টাৰ পাই
সি কোৱাৰ্টাৰলৈ আহিল। কিন্তু সি কামত মন বহুৱাব নোৱাৰিলে। অৱসৰ সময়ত মনটো যেন
উৰুঙা উৰুঙা লাগে। কিবা যেন এক নাই নাই ভাবে মনটো আচ্ছন্ন কৰি ৰাখে ! কিন্তু কি
নাই তাৰ ! তাৰ এই ‘নাই নাই’ ভাবৰ কাৰণ কি? এইবোৰ
কথা ভাবিবলৈ ল'লেই মৌচুমীৰ মুখখন তাৰ মানস পটত জিলিকি উঠে।
তাৰ মানে সি মৌচুমীৰ অভাব অনুভৱ কৰিছে নেকি? মৌচুমীৰ লগত পৰিচয়
হোৱাৰ পাছত সি প্রায় এমাহ কাল তাইৰ লগত কটাই আহিছে। ক'বলৈ গ'লে মন্দিয়াত মৌচুমীয়ে আছিল তাৰ একমাত্ৰ লগৰীয়া। প্ৰত্যেক দিন অৱসৰ সময়
সি মৌচুমীৰ লগত পাৰ কৰিছে। মৌচুমীৰ নাইট ডিউটি নাথাকিলে সি নিশা প্রায় ন বজালৈকে
মৌচুমীহঁতৰ ঘৰতে পাৰ কৰিছে। ইয়াৰ বাবে দুই চাৰ্জিনে হয়তো তাক বেয়াও পাইছে।
এইবোৰ কথা মর্জিনা পেহীয়ে তাক কৈছে। কিন্তু সি এই বিষয়ে মুঠেই গুৰুত্ব দিয়া
নাছিল। কাৰণ তাৰ মনত কোনো ধৰণৰ পাপবোধ নাছিল। মিৰণ ককাইদেৱে মৌচুমীৰ বায়েক ববিতাক ভাল পাইছিল। তাৰ কাৰণেই হয়তো মৌচুমী আৰু
সিহঁতৰ পৰিয়ালটোৰ লগত অতি সহজেই তাৰ সু-সম্পৰ্ক গঢ়ি উঠিছিল। মৌচুমীহঁতেও তাক খুবেই
সহজভাবে গ্ৰহণ কৰিছিল। বিদায় লৈ অহাৰ সময়ত সি এই কথা উপলব্ধি কৰিব পাৰিছে।
মৌচুমীৰ মাকৰ চকু চল্চলীয়া হৈ উঠিছিল। তাই কৈছিল- বদলি হৈ গ'লা যদিও সময় পালে আহি
থাকিবা ৷ আমি তোমাৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিম।
মৌচুমীৰ চকুযোৰো চৰ্চলীয়া হৈ উঠিছিল। তাই কৈছিল-
আপোনাক ইমান সোনকালে বিদায় দিব লাগিব বুলি মই সপোনতো ভবা নাছিলো ৷ কথাতে কয়, চকুৰ আঁতৰ হ'লে হেনো মনৰো আঁতৰ হয়৷ একেবাৰে পাহৰি নাথাকিব। খা-খবৰ লৈ থাকিব।
সময়-সুযোগ পালেই আহিব। একো অসুবিধা নাই। মিৰণ ককাইদেউ জীয়াই থাকিলে আপোনালোকৰ
লগত আমাৰ বৈবাহিক সম্পৰ্কই হ'লহেঁতেন। আমাক পৰ বুলি নাভাবি
পাহৰি নাথাকিব। সময়-সুযোগ পালেই আহি থাকিব।
এইবোৰ কথা কোৱাৰ সময়ত তাইৰ দৃষ্টি আছিল বাংময়। উশাহ-নিশাহৰ
তালে তালে যেন তাইৰ বুকু বিৰিণা পাতৰ দৰে ৰৈ ৰৈ কঁপিছিল। উভয়ে উভয়ৰ ফালে কিছু
সময় নির্বাক হৈ চাই আছিল ।
তছলিমে মৌচুমীৰ হাতখন নিজৰ হাতৰ মুঠিত বহু কথা ক'ব খুজিছিল, কিন্তু এটা শব্দও উচ্চাৰণ কৰিব পৰা নাছিল। হয়তো কোৱাৰ প্রয়োজনো নাছিল।
কাৰণ স্পৰ্শৰো যে ভাষা আছে এই কথা তছলিমে সিদিনা উপলব্ধি কৰিব পাৰিছিল। স্পৰ্শৰেই
সি বুজাব খুজিছিল তাৰ মনৰ কথা। কিন্তু মৌচুমীয়ে জানো তাৰ স্পৰ্শৰ ভাষা উপলব্ধি
কৰিব পাৰিছিল ?
তছলিম কৰ্মস্থলীতে কোৱাৰ্টাৰত থাকে যদিও
কৰ্মস্থলী ওচৰত হোৱাৰ কাৰণে সি বন্ধৰ দিনকেইটা ঘৰতে পৰিয়ালৰ লগত থাকে। সিদিনা
আছিল দেওবাৰ। সি ঘৰতে আছিল। আবেলি পিয়নজনে চিঠি এখন দি গ'ল। সি লেফাফাটো ফালি
চিঠিখন উলিয়ালে। এজাঁপ কাগজ। চিঠি নহয় যেন এটি পুস্তিকাহে। আচলতে চিঠি নকৈ
স্বীকাৰোক্তি বুলি কোৱাটোহে অধিক যুক্তি-যুক্ত হ'ব।
চিঠিখনৰ বক্তব্য আছিল এনেকুৱা-
শ্রদ্ধাভাজনেষু,
শ্ৰদ্ধা আৰু শুভেচ্ছা গ্ৰহণ কৰিব ৷ আপুনি আমাৰ
ইয়াৰ পৰা যোৱা প্ৰায় এমাহেই পূৰ্ণ হ'বৰ হ'ল। আপোনাৰ পৰা চিঠি এখন পাম
বুলি বহু আশাৰে বাট চাই আছিলো- কিন্তু নাপালো । সেয়ে আপোনাৰ অফিচলৈ গৈ আপোনাৰ ঠিকনা
যোগাৰ কৰি চিঠিখন লিখি পঠালো। এইখনক চিঠি নুবুলি স্বীকাৰোক্তি বুলি ধৰি ল'ব পাৰে। চিঠিখন পঢ়িলে
আপুনি নিজেই কথাটো উপলব্ধি কৰিব পাৰিব।
ভিনদেউ অৰ্থাৎ ফিছৰ দুৰ্ঘটনাটোৰ ঘটনা আপুনি নিজ
চকুৰেই প্ৰত্যক্ষ কৰি গৈছে। আটায়ে ঘটনাটোক আত্মহত্যা বুলি ধৰি লৈছে। এনেকি আপুনি
নিজেও। কিন্তু সেয়া দুর্ঘটনা নাছিল-- আছিল এক পৰিকল্পিত হত্যাকাণ্ডহে। কথাটো শুনি
হয়তো আপুনি চক্ খাই উঠিছে। উঠাটো স্বাভাৱিকো । এষাৰ কথা জানিলে আপুনি আৰু অধিক চক্ খাই
উঠিব। কাৰণ ময়ে আছিলো ভিনদেউৰ হত্যাকাৰী।
ভিনদেউক হত্যা কৰাৰ কাৰণে মোৰ কোনো অনুশোচনা নাই, বৰং আত্মতৃপ্তিহে লাভ
কৰিছো। ভিনদেউ চাৰিটাকৈ নৰহত্যাৰ লগত জড়িত আছিল। গতিকে তেনেকুৱা এজন হত্যাকাৰীৰ
জীয়াই থকাৰ কোনো অধিকাৰ নাছিল বুলি মই ভাবো।
সিদিনা ৰাতিপুৱা ডিউটিলৈ যোৱাৰ বাটত ভিনদেউহঁত
(এতিয়াৰ পৰা ভিনদেউৰ পৰিৱৰ্তে ফিদুছ বুলি লিখিম । কাৰণ তাক ভিনদেউ বুলি সম্বোধন কৰিবলৈ
সংকোচবোধ হয়)ৰ ঘৰলৈ গৈছিলো। ফিদুছ ঘৰতে আছিল ৷ সি ফাৰ্মাচিলৈ যোৱাৰ বাবে সাজু
হৈছিল৷ মোক দেখি সি সুধিলে- এই ৰাতিপুৱাই আহিলাযে! কিবা সকাম আছে নেকি?
সকাম আছে কাৰণেই আহিছো। মই ক'লো- বাবলুৰ চোৱেটাৰটো
নিয়া হোৱা নাই। চোৱেটাৰটোৰ কাৰণে আহিছো। আবেলি মোৰ ডিউটি শেষ হোৱাৰ সময়ত আপুনি
ফাৰ্মাচিেেত থাকিব। গতিকে ভাবিলো, এতিয়াই লৈ যাও !
বাবলুই এতিয়াও কন্দা-কটা কৰে নেকি?
তেনেকৈ অৱশ্যে নকৰে। আগতকৈ বহু সুস্থিৰ হৈছে।
ফিৰদুছে প্ৰসংগ সলনি কৰি ক'লে- আজি মোৰ উঠাত কিছু পলম
হৈছে। গতিকে আজি চাহ-পানী একো খোৱা হোৱা নাই। বজাৰলৈ গৈ খাম
বুলি ভাবিছিলো। তুমি আহিছা যেতিয়া চাহ বনোৱা। তুমিও খোৱা আৰু মোকো একাপ খুওৱা।
মই বিশেষ আপত্তি নকৰাকৈ পাকঘৰলৈ গ'লো চাহ বনোৱাৰ কাৰণে।
চৌকাৰ ওপৰত কেটলি তুলি দি ভাবিলো, বৰ ভুল কৰিছো ৷ যদি
টেবলেটকেইটা লৈ আহিলোহেঁতেন ! বাইদেউৰ মৃত্যুৰ দুদিনমান পাছতে মই ফিছক হত্যা কৰাৰ
উদ্দেশ্যে কেইটামান নিগনি মৰা টেবলেট কিনি বেগত ভৰাই ৰাখিছিলো ৷ কিন্তু হত্যা কৰাৰ
কাৰণে সাহস গোটাব পৰা নাছিলো ৷ কাৰণ তেতিয়া ফিদুছহঁতৰ ঘৰতে থকাৰ কাৰণে ধৰা পৰা
ভয় আছিল। সেয়ে ফিদুছহঁতৰ ঘৰত থকা দিনকেইটা টেবলেটকেইটা মোৰ বেগতে আছিল। কিন্তু
ঘৰলৈ যোৱাৰ পাছত মই বেগটো চাফা কৰিবলৈ গৈ টেবলেটকেইটা বেগৰ পৰা আঁতৰাই ৰাখিছোঁ।
পুনৰ বেগত ভৰোৱা হোৱা নাই। টেবলেটকেইটা আনিলে নির্বিঘ্নে কামটো কৰি যাব
পাৰিলোহেঁতেন !
হঠাৎ মোৰ মনত এটা বুদ্ধি খেলালে। বিদ্যুৎ প্রবাহ
হৈয়োতো মানুহ মৰে! গতিকে মই বিদ্যুৎ প্রবাহিত কৰি ফিছক মাৰি নেপেলাও কিয় ! ভবা
মতেই কাম ৷ পাকঘৰত ওয়েৰিং কৰা নাছিল। এনেয়ে তাঁৰ এডাল আনি ভাল্ব এটা লগাই থোৱা
আছিল। মই তাঁৰডাল টান মাৰি চিঙি পেলালো। পকীঘৰ কাৰণে কোঠালিটো দিনৰ ভাগতো কিছু
আন্ধাৰ হৈ থাকে। সেয়ে তাঁৰডাল চিঙিয়ে মই ফিছক মাতিলো- ভিনদেউ, এইফালে আহকচোন !
ভিনদেউ কোঠালিটোলৈ সোমাই আহি ক'লে- কি হ'ল? লাইট ক'ত ?
মই চিঙা তাঁৰডাললৈ আঙুলিয়াই ক'লো- তাঁৰডাল চিঙি আছে।
লাইট জ্বলাব পৰা নাই।
‘চাওঁ” বুলি কৈ সি তাঁৰডালৰ ওচৰলৈ
গৈ ক'লে- চুইচটো অফ কৰি দিয়াগৈ ৷
চুইচটো কোঠালিটোৰ বাহিৰতে আছিল। চুইচটো অন হৈ
আছিল। মই চুইচটো অফ কৰি দিয়ে পুনৰ অন কৰি দি ভিনদেউক মাতি ক'লো- অফ কৰিছো । মই জানিছিলো, আমাৰ এলেকাত ভল্টেছ
সাধাৰণতে কম থাকে। সেয়ে বিজুলি প্ৰবাহ হৈ নমৰিবও পাৰে। ভিনদেউহঁতৰ শোৱনি কোঠালিত ‘ষ্টাবলাইজাৰ’ আছিল। সেয়ে মই বিজুলি প্রবাহ অধিক
কৰাৰ কাৰণে ষ্টাবলাইজাৰটো অন কৰাৰ কথা ভাবি ক’লো-ৰ'ব, মই মেইন চুইচটোও অফ কৰি দি আহো ৷ এইদৰে কৈ মই
শোৱনি কোঠালিলৈ সোমাই গৈ ষ্টাবলাইজাৰটো অন কৰি দি আহি ক'লো-
মেইন চুইচটোও অফ কৰি দিছো। এতিয়া চিন্তা নাই ।
ফিৰদুছ তাঁৰডাল লৈ ব্যস্ত হৈ পৰিল। সি তাঁৰডালৰ মূৰ দুটা ধৰি যোৰা লগাবলৈ
হাত দিওঁতেই বিদ্যুৎ প্রবাহিত হৈ উতলি থকা কেটলি ওপৰত বাগৰি পৰিল। চৌকাত জুই জ্বলি
আছিল । লগে লগে তাৰ চুলি আৰু ছাল পোৰা গোন্ধে কোঠালিটো ভৰাই পেলালে । সি তাঁৰডাল ধৰিয়ে পৰি থাকিল। মই লক্ষ্য
কৰিলো, তাৰ দেহত প্ৰাণ নাই। নীৰৱ
নিস্তব্ধ। তাৰ মৃত্যু নিশ্চিত বুলি জানি মই কোঠালিটোৰ পৰা ওলাই শোৱনি কোঠালিলৈ গৈ
ষ্টাবলাইজাৰটো অফ কৰি পোনে পোনে হাস্পতাললৈ আহিলো।
ইয়াৰ পাছৰ ঘটনা আপুনি নিজ চকুৰেই চাই গৈছে।
গতিকে লিখা নিষ্প্রয়োজন।
এতিয়া প্ৰশ্ন হ'ল, মই ফিৰদুছক
কিয় হত্যা কৰিলো ! কাৰণ সি মিৰণ ককাইদেউকে ধৰি চাৰিজন মানুহৰ হত্যাকাৰী।
একেটা অঞ্চলৰ কাৰণে মিৰাণ ককাইদেৱে সম্ভৱতঃ
ফ্ৰিছৰ অতীত জীৱনৰ কথা জানিছিল। সম্ভৱতঃ উভয়ে উভয়ক চিনিও পাইছিল। তাতোকৈ ডাঙৰ কথা হ'ল, ফ্ৰিব্ৰুছে
বাইদেৱক কামনা কৰিছিল। কিন্তু মিৰণ ককাইদেউৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ কাৰণে
তাৰ পক্ষে বাইদেৱক লাভ কৰাটো সম্ভৱ নাছিল। বাইদেৱক লাভ কৰিব নোৱাৰিলে এটা সময়ত
আমাৰ ঘৰৰ পৰা খেদা খাব লাগিব বুলি ফ্ৰিব্ৰুছে ভয় কৰিছিল। তদুপৰি মিৰাণ ককাইদেৱে
তাৰ অতীত জীৱনৰ কথা প্ৰকাশ কৰিব পাৰে বুলিও সি ভয় কৰিছিল। গতিকে সি এডাল কাঁড়েৰে
দুটা পখী চিকাৰ কৰাৰ কথা ভাবিলে আৰু উপেনৰ হতুৱাই গাখীৰত টোপনিৰ দৰৱ মিহলাই মিৰণ
ককাইদেউক হত্যা কৰিলে । এই কথা উপেনে নিজেই স্বীকাৰ কৰিছে ।
দেউতাকো ফ্ৰিব্ৰুছেই বাইকেৰে খুন্দিয়াই হত্যা
কৰিছিল। এই হত্যাৰ কাৰণ আছিল, মিৰাণ ককাইদেৱে হয়তো দেউতাৰ ওচৰত ফিছৰ অতীত জীৱনৰ
কথা কৈছিল। দেউতাই হয়তো ইয়াকো অনুমান কৰিব পাৰিছিল যে, ফ্ৰিব্ৰুছেই
মিৰণ ককাইদেউক হত্যা কৰিছে। কাৰণ মিৰণ ককাইদেউৰ মৃত্যুৰ দুদিনমান পাছত দেউতাই ফিছক
কোৱা শুনিছিলো- তুমি কামটো কিন্তু ভাল কৰা নাই। কি কৰিছা সেয়া মই নকও। কিন্তু
তুমি যি আশাত এই কাম কৰিছা সেয়া কেতিয়াও সম্ভৱ নহ'ব। তুমি বেলেগ ব্যৱস্থা কৰাগৈ। এই কাণ্ডৰ পাছত তোমাক আমাৰ ঘৰত ৰখাটো সম্ভৱ নহ'ব। যিমান সোনকালে সম্ভৱ
তুমি আমাৰ ঘৰৰ পৰা গুচি যোৱাগৈ।
কথাফাকিত যে মিৰণ ককাইদেউৰ হত্যাৰ ইংগিত আছিল
সেয়া তেতিয়া মই উপলব্ধি কৰিব পৰা নাছিলো। ৰছিদৰ মুখত দেউতাৰ দুৰ্ঘটনাটোৰ কথা
শুনাৰ পাছতহে মই দেউতাৰ কথাফাকিত মিৰণ ককাইদেউৰ হত্যাৰ ইংগিত আছিল বুলি উপলব্ধি
কৰিব পাৰিছোঁ ৷ মিৰণ ককাইদেউৰ আত্মহত্যাৰ চাৰিদিনমান পাছত দুৰ্ঘটনাত পতিত হৈ
দেউতাৰ মৃত্যু হ'ল।
দেউতাৰ হত্যাৰ প্ৰত্যক্ষদৰ্শী আছিল ৰছিদ। সিদিনা ৰছিদে আপোনাক বিচাৰি আমাৰ ঘৰলৈ
আহিছিল ৷ আপুনি গুচি অহাৰ পাছত সি চাহ খাই মাক মাতযাৰ লগাবলৈ আমাৰ বৈঠকখানালৈ
সোমাই গৈছিল। বৈঠকখানাত আন কিছুমান ফটোৰ লগত ফিছৰ ফটোও আছিল। সি ফিদুছৰ ফটো দেখি ৰ' লাগি চাইছিল। যেন সি কিবা
আচহুৱা বস্তুহে দেখিছে, এনেকুৱা এক আচহুৱা ভাব আছিল তাৰ
চাৱনিত ।
মই তাক সুধিছিলো- ফটোখনলৈ তেনেকৈ কিয় চাইছে, আপুনি এওঁক চিনি পায়
নেকি?
ৰছিদে সেমেনা-সেমেনি কৰি ক'লে- নাই মানে.....পাও। সেই
ফাৰ্মাচিখনৰ মালিকজন নহয় জানো? মই ক'লো-
হয়, আমাৰ ভিনদেউ। ফিৰদুছ আহমেদ ৷
তছলিমে ক’লে- আপোনাৰ ভিনিয়েৰ.....মানে, সেই
ফাৰ্মাচিষ্টজন আপোনাৰ ভিনিয়েৰ নেকি?
কিয়, আপোনাৰ কিবা সন্দেহ আছে নেকি?
নাই নাই, সন্দেহ নাই। মানে..এয়া কেনেকৈ সম্ভৱ হ'ল?
মই ৰছিদৰ কথাত ৰহস্যৰ গোন্ধ পাই ক'লো- আপুনি কি ক'ব খুজিছে তাকে কওঁকচোন! আপুনি দেউতাক চিনি পাইছিল নেকি ?
অ' পাইছিলো। মই তেওঁৰ পৰা কে’বাদিনো
ঔষধ নিছো । মই তেতিয়া এম, ই স্কুলত পঢ়ি আছিলো। আপোনাৰ দেউতাকৰ জানো বাইক একচিডেণ্টত
মৃত্যু হোৱা নাছিল ?
ৰছিদে বাইকেৰে খুন্দিওৱাৰ কথা ইমান
আত্মপ্রত্যয়েৰে ক'লে যে, মোৰ সন্দেহ হ’ল,
সি যেন নিজ চকুৰে সেই একচিডেণ্ট প্রত্যক্ষ কৰিছিল।
মই সুধিলো- আপুনি দেউতাক মটৰ চাইকেলেৰে খুন্দিওৱা
দেখা পাইছিল নেকি ?
ৰছিদ এইবাৰ বিমোৰত পৰিল। সি কিবা ক'ব খুজিও ৰৈ গ'ল৷ মাথোন মোক সন্তুষ্ট কৰাৰ কাৰণে ক’লে-নাই নাই,
দেখা নাছিলো। মানুহৰ মুখত শুনিছিলো।
আপুনি তেতিয়া তেনেই সৰু আছিল। মই অভিযোগৰ সুৰত ক'লো- মানুহৰ মুখত শুনি
আপুনি পাঁচ বছৰ আগত সংঘটিত হোৱা দুৰ্ঘটনাৰ কথা কেনেকৈ ইমান আত্যপ্রত্যয়েৰে ক'ব পাৰিলে? মই ৰছিদক জোৰ দি ধৰিলো- কওঁকচোন কথা কি?
আপুনি কিবা জানে যদি কওঁক। একো অসুবিধা নাই ।
মই জোৰ দি ধৰাত ৰছিদে সিদিনা দেখা ঘটনা বিৱৰি ক'লে। সিদিনা সি কিবা বিশেষ
কাৰণত তাৰ পেহীয়েকহঁতৰ ঘৰলৈ গৈছিল। পেহীয়েকহঁতৰ ঘৰৰ পৰা ওভতোঁতে তাৰ সন্ধিয়া হৈ
গৈছিল । সি চাইকেল লৈ আহি আছিল। উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় পাৰ হৈ অহাৰ
পাছতে সি দেউতাক আন এখন চাইকেলত উঠি অহা দেখা পাইছিল। তাৰ পৰা পঞ্চাছ গজমান আঁতৰত
থাকোঁতে পিছফালৰ পৰা হঠাৎ মটৰ চাইকেল আহি দেউতাক খুন্দা মাৰিলে। খুন্দা খাই দেউতা
ৰাস্তাৰ মাজত বাগৰি পৰিল আৰু বাইকখন দেউতাৰ ওপৰেৰে পাৰ হৈ আহিল ৷ কিছুদূৰ আহি
আৰোহীজনে বাইকখন ঘূৰাই দেউতাৰ ওচৰলৈ গ'ল। আৰোহীজনে হেলমেট পিন্ধি আছিল । সি দেউতাৰ কাষলৈ গৈ হেলমেট আঁতৰাই দেউতাৰ
নাড়ী টিপি চালে আৰু মৃত্যু হোৱা বুলি নিশ্চিত হৈ পুনৰ হেলমেট পিন্ধি তাৰ কাষেৰেই
গুচি গ'ল। সিদিনা কিন্কিনীয়া
বৰষুণ দি আছিল আৰু বিজুলি চমকি আছিল। বাইক আৰোহীজনে হেলমেট আঁতৰোৱাৰ পাছত ৰছিদে
বিজুলিৰ পোহৰত বাইক আৰোহীজনক স্পষ্টভাবে দেখা পাইছিল আৰু বাইক আৰোহীজন ফিৰদুছ আছিল
বুলি সি নিশ্চিত আছিল।
ৰছিদৰ কাহিনী ৰুদ্ধশ্বাসে শুনাৰ পাছত মই তাক
সুধিলো- আপুনি চিঞৰ-বাখৰ কৰা নাছিল কিয়?
ৰছিদে কৈফিয়তৰ সুৰত ক’লে- মই তেতিয়া সৰু আছিলো।
হত্যাকাণ্ডটো মোৰ চকুৰ আগত সংঘটিত হোৱা দেখি মই খুবেই ভয় খাইছিলো। তদুপৰি মোক
কোনোবাই হত্যাকাৰী বুলি সন্দেহ কৰিব পাৰে বুলিও মই ভয় খাইছিলো। সেয়ে চিঞৰ-বাখৰ
নকৰাকৈ মই তাৰ পৰা মনে মনে গুচি গৈছিলো। ৰছিদে এইদৰে কৈ অনুৰোধৰ সুৰত ক'লে- এইবোৰ কথালৈ যদি কেচ-মোকদমা কৰিবলৈ যায় মোৰ বৰ অসুবিধা হ'ব। মই হয়তো তেতিয়া দেখা কথাবোৰ এতিয়া ভাল দৰে সজাই ক'ব নোৱাৰিম।
মই ৰছিদক আশ্বাস দিলো- নাই নাই, এতিয়া আৰু মামলা-মোকদমা
নকৰোঁ৷ কৰিলেও একো লাভ নহ'ব! বহুদিনৰ পুৰণি কথা, এতিয়া পুলিচে এইবোৰ কথা বিশ্বাসো নকৰিব।
তছলিমক তেনেকৈ ক'লেও মোৰ অন্তৰখনে কিন্তু ভাবিলে
বেলেগ ধৰণে। আইনে তাক শাস্তি নিদিলেও মই তাক নিশ্চয় চৰম শাস্তি দিম। কিন্তু
তেতিয়া বাইদেউৰ কি হ'ব! বাবলু পিতৃহীন হ’ব! এইবোৰ কথা ভাবি মই মানসিক দ্বন্দ্বত ভূগি আছিলো। ইতিমধ্যে বাইদেউৰ
মৃত্যু হ'ল। বাইদেউৰ মৃত্যুৰ পাছত মই পুনৰ সক্ৰিয় হৈ উঠিলো।
বাইদেউৰ মৃত্যুক আটায়ে আত্মহত্যা বুলি মানি ল'লেও মই মানি
লোৱা নাছিলো । কাৰণবাইদেউক ফ্ৰিব্ৰুছে পৰিকল্পিতভাবে হত্যা কৰিছে বুলি মই দৃঢ়
নিশ্চিত আছিলো ৷ তদুপৰি এই বিষয়ে মই প্রমাণো পাইছিলো৷
বাইদেউৰ মৃত্যুৰপাছত কেইদিনমান বাইদেউহঁতৰ ঘৰত
থকাটো আপুনি নিশ্চয় জানে। এদিন মই কিবা কাৰণত আলমাৰি খুলি দেখিলো, আলমাৰিটো যেন এখন সৰু
ফাৰ্মাচি হৈ আছে। সকলো ধৰণৰ ঔষধৰ ষ্টক আছে আলমাৰিটোত ৷ বাইদেউৰ পোষ্টমৰ্টেম
ৰিপোৰ্ট অনুসৰি বাইদেৱে ভেলিয়াম-২ খাই আত্মহত্যা কৰিছিল। তাত কেবাটাও ভেলিয়াম-২
ৰ ষ্ট্রিপো আছিল ।
মোৰ মনত তেতিয়া এষাৰ কথাই চিন্তাৰ লহৰ তুলিলে । আলমাতি ইমানবোৰ টোপনিৰ দৰৱ থাকোঁতে
বাইদেৱে কি কাৰণত ফাৰ্মাচিৰ পৰা ঔষধ আনিব লগা হৈছিল ! (কাৰণ আৰক্ষীৰ ৰিপোৰ্ট
অনুসৰি বাইদেৱে ফাৰ্মাচিৰ পৰা ঔষধ আনিছিল। ফার্মাচিত থকা ল'ৰাজনেও এই বিষয়ে সাক্ষীও
দিছিল।) ঘৰত থকা আলমাৰিটোৰ চাবি বাইদেউৰ ওচৰত থকা বুলি মই জানো । কাৰণ বাইদেৱে কে’বাদিনো মোৰ সন্মুখতে
আলমাৰি খোলাটো মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছো। তেনেহ'লে
ফাৰ্মাচিৰ পৰা এই ঔষধ লোৱাৰ প্ৰহসন কিয়? মোৰ মনলৈ আহিল
দেউতাৰ মৃত্যুৰ কথা। ফ্ৰিব্ৰুছে পূৰ্বৰ পত্নীক হত্যা কৰি আত্মগোপন কৰি থকাৰ কথা৷
মানুহৰ তেজৰ সোৱাদ পোৱা বাঘে কেতিয়াও তেজৰ
সোৱাদৰ কথা পাহৰিব নোৱাৰে। এজন হত্যাকাৰীৰ পক্ষে আন এটা হত্যা
সংঘটিত কৰাটো ডাঙৰ কথা নহয়। ফ্ৰিব্ৰুছে হামিদাৰ
প্ৰেমত পৰা কথাটো আপুনি জানে। হামিদাক লাভ কৰাৰ ক্ষেত্ৰত একমাত্ৰ হেঙাৰ আছিল
বাইদেউ ! গতিকে বাইদেউৰ মৃত্যুত যে ফিছৰ হাত আছে এই কথা বুজিবলৈ মোৰ অসুবিধা নহ'ল। গাৰুৰ তলত চিঠি পোৱাটোও
আছিল প্ৰহসন। ফ্ৰিব্ৰুছে নিজেই চিঠিখন তেনেকৈ গাৰুৰ তলত থৈছিল, এই বিষয়ে সন্দেহৰ অৱকাশ নাই।
মই এদিন ফাৰ্মাচিলৈ গৈ কদ্দুছক সুধিলো- বাইদেৱে
সঁচাকৈয়ে তোমাৰ পৰা টোপনিৰ দৰৱ লৈছিল নেকি?
আকস্মিক প্রশ্নত কদ্দুছে থমত্ খাই ক'লে- অ' লৈছিল!
মই তাক ভয় খুৱাবলৈ ক'লো- সঁচা কথা কোৱা,
নহ'লে তোমাৰ বিপদ হ'ব।
তুমি আমাৰ নিজা মানুহ বুলিয়ে তোমাক তোষামোদ কৰিছো, নহ'লে তোমাক এতিয়াই পুলিচৰ হাতত গতাই দিলোহেঁতেন ! তুমি এতিয়া আচল কথা
স্বীকাৰ নকৰিলেও পুলিচৰ জোতাৰ গচক খালে নিশ্চয় স্বীকাৰ কৰিবা ৷
পুলিচৰ কথা শুনি কদ্দুছ ভয়ত পেপুৱা লাগিল। সি থৰ্থৰ্ কৈ কঁপিবলৈ ধৰিলে। সি ভয়ার্ত
কণ্ঠত ক’লে- কিন্তু ফিদুছ ভায়ে
জানিলে মোক মাৰি পেলাব ।
মই কদ্দুছক আশ্বাস দি ক'লো- সি একো কৰিব নোৱাৰে।
মই পুলিচৰ আগতো এইবোৰ কথা নকওঁ। কিন্তু তুমি সঁচা কথা নক'লে
মই তোমাক পুলিচৰ হাতত গতাই দিবলৈ বাধ্য হ'ম।
কদ্দুছে পুলিচৰ ভয়ত আচল কথা কৈ দিলে- নাই, বাইদেৱে মোৰ পৰা কোনো ঔষধ
লোৱা নাছিল।
তেনেহ'লে তুমি কিয় ঔষধ নিয়া বুলি কৈছিলা?
ফিৰদুছ ভায়ে ক'বলৈ কোৱা কাৰণে কৈছিলো। কদ্দুছে
সেমেনা-সেমেনি কৰি ক'লে- সি মোক মাৰি পেলাব বুলি ভয়
দেখুৱাইছিল।
এইবোৰ কথা জনাৰ পাছত মই ভাবিলো, ফিছক পুলিচৰ হাতত গতাই
নিদিও। আমাৰ দেশৰ আইন শিথিল। সদায় দোষীৰ পক্ষে থাকে। উপযুক্ত সাক্ষীৰ অভাৱত সি
আইনৰ সুৰঙাৰে নিশ্চয় ওলাই যাব! গতিকে মই তাক চৰম শাস্তি দিয়াৰ কাৰণে সুযোগ
বিচাৰিবলৈ ধৰিলো। ইয়াৰ পাছৰ কথাখিনি মই আগতেই লিখিছো ।
এতিয়া আপুনি মোক পৰামৰ্শ দিয়ক-- মই এতিয়া কি
কৰা উচিত? আইনৰ চকুত বৰ্তমান মই
নির্দোষী। কিন্তু মই নিজেতো জানো মই দোষী। বর্তমান মই মানসিক শান্তি হেৰুৱাই
পেলাইছো। এতিয়া আপুনিয়ে কওঁক, মই আইনৰ হাতত ধৰা দিম,
নে আইনৰ হাতৰ পৰা বচাই মানসিক অশান্তিত ভূগি তিল তিলকৈ মৃত্যুৰ
মুখলৈ আগবাঢ়ি যাম!- ইতি
তছলিমে চিঠিখন পঢ়ি ভাবিলে, এতিয়া সি কি কৰা উচিত !
ইতি-
মৌচুমী
আহমেদ।
অন্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন