উড়িয়া অনুবাদ গল্প সংকলন
উড়িয়া অনুবাদ গল্প সংকলন
সূচীপত্ৰ
দূর্গা- দেৱব্ৰত মদন ৰায়।
গৰুগাড়ী- অনন্ত প্ৰসাদ পাণ্ডা।
ওচৰ-দূৰ- সাতকড়ি হোতা।
সেই মানুহজন- অখিল
মোহন পট্টনায়ক।
ওপজা ভেটি- সুৰেন্দ্ৰ মহান্তি।
হত্যাকাৰী সমাজ- অজ্ঞাত
পেড়া ভৰা সাপ- ভূৱনেশ্বৰ বেহেৰা।
চিকাৰ-- ভাগৱতী চৰণ পাণিগ্ৰাহী।
হে’ড মাষ্টৰ- বিভূতি
ভূষণ ত্ৰিপাঠী।
ধুমুহা- ভাগৱতী
চৰণ পাণিগ্ৰাহী।
ক্রীতদাস- ৰবি পঠ্টনায়ক।
বিঃ দ্ৰঃ- গল্পবোৰ বিভিন্ন সময়ত
বিভিন্ন কাকত আলোচনীত প্ৰকাশিত।
দূর্গা
আলতা ৰঙা ভৰিত লক্ষ্মীৰ বেশত দূৰ্গা
যিদিনা মহাবীৰ গাঁৱৰ শ্যাম মিশ্ৰৰ দুৱাৰ গচকি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল সিদিনা গাঁৱৰ মানুহে শ্যাম মিশ্ৰৰ ঘৰৰ ভাগ্য সলনি হোৱাৰ লগতে
দুখ-দৰিদ্ৰতাৰ অৱসান হ’ব বুলি পৰস্পৰে আলোচনা কৰিছিল।
কিন্তু মানুহৰ সেই ধাৰণা সঁচা বুলি প্ৰমাণিত নহ’ল। দূৰ্গাৰ হাতৰ
পৰশত ভঙা বেৰত গোবৰৰ লেপ পৰিল ঠিকেই; কিন্তু অভাৱৰ বেৰত লাগে লাহে ফাট
বাঢ়িবলৈহে ধৰিলে। শ্যাম মিশ্র অসুস্থ হৈ পৰিল। তেওঁ পূজা-গৃহৰ একোণত বিছনা পাৰি পৰি থকা হ’ল। ঔষধ কিনাৰ কাৰণে টকা নথকাৰ ফলত ঔষধৰ
নামত দেৱীমাতাৰ চৰণামৃত পান কৰা হ’ল। ইয়াৰপৰা বিশেষ
একো লাভ নহ'লেও শুকান কণ্ঠনলী কিছু সময়ৰ কাৰণে অৱশ্যেই
ভিজা হ’ল। কিন্তু ব্যথা পূৰ্বৰ দৰেই থাকি গ'ল আৰু উপশমৰ কোনো লক্ষণ দেখা নগ'ল। শহুৰেকৰ
এনেকুৱা দুৰৱস্থা প্রত্যক্ষ কৰিও দূৰ্গাই গিৰিয়েকক একো ক’ব নোৱাৰে। কাৰণ
সি ঔষধ আনিব ক’ৰপৰা? ঘৰত ফুটাকড়ি
এটাও নাই। জজমানিৰ কাৰণে কাচিহে আহ্বান আহে। ক’ৰবাৰ পৰা মাতিলে
লগে লগে ওলাই যায়। কোনো সুযোগ হাতৰপৰা
সাৰি যাবলৈ নিদিয়ে। সন্ধিয়া ঘৰলৈ ওভতাৰ সময়ত এবাটি চাউল, দুটামান কল আৰু
কিছু আলুৰ বাহিৰে আন একো আনিব নোৱাৰে। ৰাতিপুৱা
শোৱা-পাটী এৰি দুৰ্গাই বাঁহপাতেৰে জুই ধৰি এটা বাল্টিত পানী তপতাবলৈ দিয়ে। তপত হোৱাৰ পাছত তাত চাউল আৰু কিছু শাক-পাচলি পেলাই দিয়ে। কিছু সময়
পাছত সেইবোৰ খিচিৰি হৈ যায়। তেতিয়া সেই খিচিৰি
কলপাতত বাঢ়ি শহুৰেক আৰু গিৰিয়েকক খাবলৈ দিয়ে। সিহঁতে খোৱাৰ পাছত যি অলপ-অচৰপ
অৱশিষ্ট থাকে তাকে খাই তাই সন্তুষ্টি লাভ কৰে।
ইতিমধ্যে তাইৰ এইটো ধাৰণা হৈ গৈছিল যে, জীয়াই থকা দিনকেইটা এইদৰে আধাপেটাকৈ খায়ে তাই এইখন ঘৰত শেষনিশ্বাস ত্যাগ নকৰালৈকে জীয়াই থাকিব লাগিব।
এদিন দুৰ্গাই চৰণামৃত খোৱাই থকাৰ সময়ত
শহুৰেকে সুধিলে- বোৱাৰী, দশহৰালৈ আৰু কিমান দিন আছে?
দেউতা, মাথোন পাঁচদিন
বাকী আছে। দূর্গাই আঙুলি মূৰত লেখি ক’লে।
মাথোন পাঁচ দিন ! শ্যাম মিশ্ৰই চৰণামৃত
ঢোক গিলি ক’লৈ । তাৰ মনত আৰু কিবা কোৱাৰ কাৰণে উৎকণ্ঠা
আছিল যদিও শেষমুহূৰ্তত সি নক’লে।
দূর্গাই শহুৰেকৰ মনৰ ভাব উপলব্ধি কৰিব
পাৰি ক'লে- কি হ’ল দেউতা? যদি কিবা ক’বলৈ
বিচাৰিছে, কওঁকচোন। এইদৰে কৈয়ে তাই
নিজৰ ফটা-চিঙা কাপোৰৰ আঁচলেৰে শহুৰেকৰ ওঁঠৰপৰা বৈ পৰা পানী মচি দিলে।
বোৱাৰী, তুমিতো জানাই
আজি-কালি মোৰ শৰীৰ ঠিক নাথাকে৷ মই কোনো বস্তু ভালদৰে মণিবও নোৱাৰো। হয়তো মই আৰু সৰহ দিন জীয়াই নাথাকো। দশহৰা দেৱীমাতাক এখন নতুন শাড়ী
পিন্ধোৱাৰ ইচ্ছা মই বহুদিনৰ পৰা মনৰ মাজত পুহি আছো
৷ এতিয়া মই ক’লৈকো আহ-যাহ কৰিব নোৱাৰো। সদায় বিছনাত পৰি
থাকো আৰু এইদৰে পৰি পৰিয়ে এদিন পৰলোকলৈ গতি
কৰিম। তুমি বাবলুক কেতিয়াবা ক’বাচোন, সি যদি
দুর্গামাতাক এখন নতুন শাড়ী পিন্ধোৱাৰ ব্যৱস্থা কৰিব পাৰে!
দূৰ্গাই স্বীকৃতিত মূৰ দুপিয়াই ক'লে-
হয় দেউতা, নিশ্চয় কম।
সন্ধিয়া গিৰিয়েক ঘৰলৈ অহাৰ পাছত
দূৰ্গাই শহুৰেকে কোৱা কথাবোৰ ভাঙি-পাতি ক’লে। দূৰ্গাৰ কথা শুনি গিৰিয়েকে হাঁহিবলৈ ধৰিলে। যাৰ অৰ্থ আছিল, খোৱাৰ কাৰণে
দুমুঠি অন্ন নিমিলে, শাড়ীৰ ব্যৱস্থা কৰিব ক'ৰপৰা!
তিনিদিন এইদৰে পাৰ হ’ল।
শহুৰেকে অনুনয় কৰি পুনৰ আগৰ কথাৰে পুনৰাবৃত্তি কৰিলে। শহুৰ্কেৰ আন্তৰিক ইচ্ছাৰ চিত্তোদ্বেগ আৰু অসৰ্থতাৰ চমক দেখি দূৰ্গাই মনে মনে মাকৰ ঘৰলৈ যোৱাৰ
সিদ্ধান্ত ল'লে। তাইৰ ধাৰণা, দেউতাকে নিশ্চয় দশহৰাৰ অৱসৰত তাইক এখন শাড়ী কিনি দিব আৰু সেই শাড়ীকে তাই
দূৰ্গামাতাক পিন্ধোৱাব।
সিদিনা ৰাতিয়ে দূৰ্গাই মাকৰ ঘৰলৈ
যোৱাৰ বাবে গিৰিয়েকৰ পৰা অনুমতি বিচাৰিলে। গিৰিয়েকে তাইক বুজাই ক’লে- চোৱা, বিয়াৰ পাছত আজিলৈকে তোমাক নিয়াৰ কাৰণে তোমাৰ
দেউতাৰা অহা নাই নাইবা তোমাৰ ভায়েৰক পঠোৱা নাই। তেনেহ'লে
তুমি বিনা আহ্বানত কিয় মাকহঁতৰ ঘৰলৈ যাবলৈ অনুমতি বিচাৰিছা?
তুমিতো জানাই, দেউতা কণা-মুনা।
ৰাতি কোনো বস্তু নমনে। সেয়ে তেওঁ ক'লৈকো যাব নোৱাৰে। ইয়ালৈ আহিলে উভতিবৰ সময়ত নিশ্চয় ৰাতি হৈ যাব। আনহাতে ইয়াত থাকিবও নোৱাৰে। কাৰণ তেওঁ
জীয়েকৰ ঘৰত পানীটোপা স্পর্শ কৰাটোকো পাপ
বুলি গণ্য কৰে। তেওঁ বহু পুৰণি বিচাৰৰ্ধাৰাৰ মানুহ। এবাৰ মই জোৰ কৰাত তেওঁ কৈছিল
যে, যেতিয়ালৈকে নাতিৰ মুখ
দেখিবলৈ নাপায়, তেতিয়ালৈকে তেওঁ জীয়েকৰ ঘৰৰ পানীটোপাও পান
নকৰে। আৰু মোৰ ভাইৰ বিষয়েতো জানাই, এতিয়া
তাৰ বয়সে বা কিমান? এঘাৰ বাৰ বছৰীয়া শিশু। ঘৰৰ কাম-কাজো সিয়ে
চম্ভালিব লাগে। তাৰনো ক’ত অৱসৰ মিলে?
তেনেহ'লে সি আহিব কেনেকৈ?
দূৰ্গাই যেতিয়া নিজৰ পক্ষ সমর্থন কৰি
যুক্তি দৰ্শাবলৈ ধৰিলে তেতিয়া গিৰিয়েকে এটি মোক্ষম প্রশ্ন কৰিলে-তুমি যোৱাৰ পাছত দেউতাক কোনে চোৱা-চিতা কৰিব?
মই কিবা বহুদিনৰ কাৰণে যাম নেকি?
কাইলৈ যাম আৰু পৰহিলৈ উভতি আহিম। কালি দেউতাহঁতৰ গাঁৱৰ পৰা এজন মানুহ আহিছিল। সি কৈ গৈছে যে, আইৰ অৱস্থা হেনো
ভাল নহয়। সেই কাৰণে যাবলৈ ইমান জেদ কৰি আছো। নহ'লে মই যোৱাৰ কি প্রয়োজন আছে? তুমি মাথোন এটা দিন দেউতাক চোৱা-চিতা
কৰিব নোৱাৰিবা নেকি? মইতো কাইলৈ সন্ধিয়ালৈকে উভতি
আহিমেই। দুর্গাই এইদৰে মিছাৰ আশ্ৰয় লৈ গিৰিয়েকক সন্মত কৰাবলৈ প্ৰয়াস চলালে।
শাহুৱেকৰ অসুখৰ কথা শুনি গিৰিয়েকে
নিষেধ কৰিব নোৱাৰিলে।
পাছদিনাই দূৰ্গাই ট্রাংকৰপৰা বিয়াৰ
শাড়ীখন উলিয়াই পিন্ধিলে আৰু শহুৰেকক চৰণামৃত খোৱাই প্ৰণাম কৰি ঘৰৰপৰা ওলাই আহিল। তাই মাকৰ ঘৰলৈ যোৱাৰ কথা শহুৰেকক নক'লে।
শহুৰেকহঁতৰ ঘৰৰপৰা দেউতাকহঁতৰ ঘৰ বৰ
বেছি নিলগত নহয়। পাঁচ ছখন গাঁৱৰ পাছতে দেউতাকহঁতৰ গাঁওখন। মাজত
এখন নৈ। নৈ পাৰ হ’লেই দেউতাকহঁতৰ গাঁওখন পোৱা যায়। নৈৰ ইপাৰত
নাও পাই গ'লে তিনি চাৰি ঘণ্টাতে ঘৰ পোৱা যায়। হয়,
অৱশ্যে নাওখন যদি সিপাৰত থাকে তেনেহ'লে কিছু পলম
হয়। কেতিয়াবা যাত্রী কম হ’লে নাওখন সিপাৰতে
থাকি যায়, উভতি নাহে। এনেকুৱা পৰিস্থিতিত খুবেই অসুবিধাৰ
সন্মুখীন হ’ব লগা হয়; কিন্তু ইয়াৰ
সম্ভাৱনা খুবেই কম।
এইদৰে ভাবি ভাবি দূৰ্গা পাৰঘাট লৈ
আহিল। নাওখন সিপাৰলৈ যোৱাৰ বাবে সাজু হৈ ৰৈ আছিল আৰু নাৱৰীয়াই লঙ্গৰ তুলিবলৈ যো-জা চলাই আছিল। দূৰ্গা দৌৰি আহি নাওত উঠিল। নাওত উঠাৰ পাছত
তাই দীঘলকৈ উশাহ ল’লে। তেতিয়াই কোনোবাই
তাইক পিছফালৰ পৰা নাম কাঢ়ি মাতিলে। তাই পিছফালে ঘূৰি চালে। ল’ৰালিৰ
বান্ধৱী কনি সেইখন নাওতে গৈ আছিল। তাই
দূৰ্গাৰ খুৰাকৰ ছোৱালী। একে বয়সৰ কাৰণে বিয়াৰ আগলৈকে সিহঁতৰ মাজত গভীৰ বন্ধুত্ব
আছিল। একেখন গাঁৱৰ মাটিতে সিহঁত উমলি-জামলি ডাঙৰ
দীঘল হৈছে। বিয়াৰ পাছত উভয়ে নিজৰ নিজৰ ভাগ্যানুসাৰে জীয়াই আছে। কনি বেনাৰসী শাড়ী পিন্ধি আছিল। তাইক খুবেই ধুনীয়া দেখা গৈছিল । তাইৰ
ডিঙিত দুডাল সোণৰ হাৰ। হাতত সোণৰ চুৰী। তাইৰ সমগ্ৰ
গা অলংকাৰেৰে ঠাহ খাই আছিল। তাইৰ অৱস্থা দেখি দূৰ্গাৰ নিজৰ দীন-হীন অৱস্থাৰ প্ৰতি
সংকোচবোধ হ’বলৈ ধৰিলে। তাই
সংকুচিত হৈ উঠিল।
তই মোক চিনিব পৰা নাই নেকি? কনিয়ে
সুধিলে।
বাঃ! তই কেনেকুৱা প্ৰশ্ন সুধিছ?
মই তোক কেনেকৈ চিনি নাপাম? বাৰু, ক’চোন
তোৰ গিৰিয়েৰাই কি কৰে? দুৰ্গাই সুধিলে।
দূৰ্গাৰ কথাৰ প্ৰতি গুৰুত্ব নিদি কনি
নিজৰ মুখমণ্ডলৰ ওপৰত বিক্ষিপ্তভাবে পৰি থকা চুলিবোৰ ঠিক কৰিবলৈ ধৰিলে।
কিছু সময় পাছত দূৰ্গাই প্ৰসংগ সলনি
কৰি নতুন প্রসংগ উত্থাপন কৰিলে- কিয়, তই অকলেই আহিছ নেকি? তোৰ গিৰিয়েৰ ক’ত?
তোৰ গিৰিয়েৰৰ দৰে তেওঁৰ মোৰ লগত থকাৰ
অৱসৰ ক’ত! সি নিজৰ ব্যৱসায়ৰ কাৰণে অৱসৰে নাপায়। সদায় বাহিৰতে থাকিব লাগে। আজি কেন্দ্ৰাপাৰা হ'লে কাইলৈ কটক।
তাৰ হাতত অলপো সময় নাই। সেই কাৰণে অকলেই আহিছো।
যদি অৱসৰ মিলে ৰাতিলৈকে আহিব। ইয়াৰ আগতেও পাঁচবাৰমান অকলেই আহি গৈছো। যাৰ বাবে মই
অকলে আহিবলৈ ভয়-সংকোচ নকৰো। এয়া চা,
মই প্ৰথমবাৰ অহাৰ সময়ত দেউতাই এই হাৰ্ডাল দিছিল। কনিয়ে ডিঙিত
পিন্ধি থকা হাৰডাল দেখুৱাই ক'লে।
দূৰ্গাই কিবা কোৱাৰ আগতেই কনিয়ে পুনৰ
ক’লে- আৰু এয়া চা, মোৰ কাণত পিন্ধা থুৰীয়াযোৰ মোৰ
গিৰিয়েকে কলিকতাৰপৰা
আনি দিছে। আৰু মই পিন্ধি থকা শাড়ীখন সি কালি মোক পাঁচশ টকাৰে কিনি দিছে।
কনিৰ কথা-বতৰা দুৰ্গাৰ মুঠেই ভাল
নালাগিল। সেয়ে তাই সিফালৰপৰা চকু ঘূৰাই নৈৰ চাকনৈয়াৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে।
আৰে, সিফালে কি চাই
আছ? ইমান দিনৰ মূৰত লগ পাইছো, কিয় তোৰ গিৰিয়েৰে তোৰ কাৰণে একো কিনি
দিয়া নাই নেকি?
তোৰ কাণ আৰু ডিঙি খালী কিয়? কনিয়ে দূৰ্গাৰ ফালে চাই সুধিলে।
দূৰ্গাই মুখেৰে একো নক’লে।
তাইৰ মূৰটো নাকাৰাত্মক ভংগীত আপোনা-আপুনি জোকাৰ খালে ৷
ঠিক তেতিয়াই নাৱৰীয়াই বঠা চাপ মাৰি ক’লে-
দূৰ্গা, তোৰ মাৰৰ অৱস্থা খুবেই বেয়া হৈ গৈছিল। জীয়াই থকাৰ কোনো আশাই
নাছিল। ভগবানৰ কৃপাতহে কিছু সুস্থ হৈ উঠিছে। তই মাৰক চাবলৈ আহিছ নেকি?
নাৱৰীয়াৰ কথা শুনি দূৰ্গাই উচাপ খালে।
তাই যি মিছাৰ আশ্ৰয় লৈছিল সেয়াই অৱশেষত সঁচা বুলি প্ৰমাণিত হ’ল
নেকি তেনেহ'লে!
মাৰ কি হৈছিল? দূৰ্গাই
নাৱৰীয়াক উদ্দেশ্য কৰি সুধিলে।
শুনিছো, তাইৰ পেটৰ ভিতৰত
হেনো ঘাঁ হৈছে। সম্ভৱতঃ কেতিয়াও ভাল নহ'ব৷ যিমান দিনলৈ তেৰাৰ দয়া হয় সিমান দিনলৈ
জীয়াই থাকিব পাৰিব। নাৱৰীয়াই ওপৰৰ ফালে আঙুলি নিৰ্দেশ কৰি ক'লে।
নাৱৰীয়াৰ মুখত মাকৰ অসুখৰ কথা শুনি
দূৰ্গা অস্থিৰ হৈ উঠিল। মাকৰ ইমান ডাঙৰ অসুখ অথচ কোনেও তাইক খবৰ পর্যন্ত
পঠোৱা নাই! কোনোবাই তেওঁক খবৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভব কৰা নাই নেকি বাৰু!
নাওখন লাহে লাহে পাৰলৈ আহিল। নাওৰপৰা
ততাতৈয়াকৈ নমাৰ সময়ত কনিয়ে ক’লে- ঠিক আছে দূৰ্গা, পাছত
লগ পাম।
এতিয়া যাওঁ।
দূর্গাহঁতৰ ঘৰ নাৰিকল বাৰীৰ মাজত। ঘৰৰ
সন্মুখত এডোখৰ সমান ওখ ঠাই। বাৰাণ্ডাৰ পানীপোতাৰ তলত বেদীৰ দৰে এচটা
শিল পাৰি থোৱা আছে। সেই শিলচটাৰ ওপৰত ভৰি থৈ বাৰণ্ডালৈ উঠি অহাৰ সময়ত তাই দেউতাকক
ঘৰৰ ভিতৰৰ পৰা
বাহিৰলৈ ওলাই অহা দেখিলে। দেউতাকক দেখি তাই আঁচল মূৰত দি দেউতাকৰ ভৰি চুই প্রণাম
কৰিলে ।
দূর্গা! হঠাৎ দূর্গাক দেখি দেউতাক
আশ্চর্যচকিত হৈ উঠিল। সি কেউফালে দৃষ্টি প্ৰসাৰিত কৰি সুধিলে- কিয়, তই অকলেই
আহিছ নেকি? জোঁৱাই অহা নাই নেকি?
নাই অহা, দেউতা। দূর্গাই
ক'লে।
দূৰ্গা ততাতৈয়াকৈ ঘৰৰ ভিতৰলৈ সোমাই
আহিল। মাক সম্ভৱতঃ পিছফালৰ বাৰীত কিবা-কিবি কৰি আছিল। দূৰ্গাৰ কণ্ঠস্বৰ
শুনি তাই খৰখেদাকৈ বাৰীৰ পৰা ওলাই আহি ঘৰৰ ভিতৰলৈ সোমাই আহিল। মাক ইমানেই দুৰ্বল
হৈ পৰিছিল যে, খৰখেদাকৈ অহাৰ ফলত তাই ঘন ঘনকৈ উশাহ ল’বলৈ
ধৰিলে৷ দূৰ্গাই মাকক সাৱটি ধৰি জোৰে জোৰে কান্দিবলৈ ধৰিলে। কান্দি কান্দিয়ে তাই অভিযোগৰ সুৰত ক’লে-
তোৰ অৱস্থা ইমান বেয়া অথচ তই মোক খবৰ পৰ্যন্ত.... দূর্গাই বাক্যটো সম্পূর্ণ কৰিব
নোৱাৰিলে। তাই আৰু অধিক জোৰে জোৰে কান্দিবলৈ ধৰিলে।
আইজনী, বিয়াৰ পাছত তোক
এবাৰৰ কাৰণেও আমাৰ ঘৰলৈ আনিবপৰা নাই। ইয়াৰ মাজতে অসুখৰ খবৰলৈ তোৰ ওচৰলৈ গ'লে শহুৰঘৰে কি
বুলি ভাবিব! ইয়াকে ভাবি তোৰ দেউতাৰে যোৱা নাই।
আৰে, বাদ দিয়াচোন
এতিয়া সেইবোৰ কথা। অভিযোগ প্রত্যাভিযোগ পাছত কৰিবা। ইমান দিনৰ মূৰত ছোৱালীজনী ঘৰলৈ
আহিছে, সেয়াও অকলে, প্রথমে তাইৰ কথা শুনাচোন, পাছত
তোমাৰ কথা ক’বা। পিছফালৰপৰা দেউতাকে উপদেশৰ সুৰত
ক’লৈ।
দেউতাকৰ কথা শুনি মাক চুপ হৈ গ'ল।
তাই পুনৰ এটা শব্দও উচ্চাৰণ নকৰিলে। কিছু সময় মনে মনে থকাৰ পাছত মাকে
নিজৰ মনৰ জিজ্ঞাসা প্রকট কৰিলে- ঘৰৰ আটায়ে কুশলে মংগলে আছেতো?
হয়, আছে। দূৰ্গাই
মূৰ দুপিয়াই ক'লে।
এইদৰে অকলে আহিছ? কাজিয়া-পেচাল
হোৱা নাইতো? শেষমুহূৰ্তত দেউতাকৰ মনৰ কথা ওলাই পৰিল৷
ঘামেৰে তিতা মুখমণ্ডল দূৰ্গাই কাপোৰৰ
আঁচলেৰে মচি ক’লে-নাই নাই দেউতা, মই
কাজিয়া-পেচাল কৰি আহিবলৈ যাম কিয়? আপোনালোকক চাবলৈ
মন উচ্পিচাই আছিল, গুচি আহিলো।
মনৰ কথা মনতে সামৰি দূৰ্গাই ঘৰৰ ভিতৰখন
ভালদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে। তাইৰ ধাৰণা হ’ল, এওঁলোকৰ
অৱস্থা শহৰেকহঁতৰ
ঘৰতকৈও অি বেয়া। এনেতে তাইৰ সৰু ভায়েকজন দৌৰি আহি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে ।
দূর্গাই তাইক সাৱটি ধৰি গলত লগালে। তাই গছৰপৰা এটা পকা অমিতা
পাৰি লৈ আহিছিল। অমিতাটো তাই মোনাৰপৰা উলিয়াই ভায়েকৰ হাতত দিলে। মাকে অমিতাটো কাটি
সকলোকে ভগাই দিলে। ইয়াৰ পাছত মাক-জীয়েক উচৰা-ওচৰিকৈ বহি সুখ-দুখৰ কথা পাতিবলৈ
ধৰিলে। কথা পতাৰ সময়ত দুৰ্গাই শহুৰেকহঁতৰ ঘৰৰ দুৰৱস্থাৰ বিষয়ে একোকে নুলিয়ালে।
এঘণ্টামান কথা
পতাৰ পাছত মাকৰ খেয়াল হ’ল যে, তাই জীয়েকক
এতিয়ালৈকে পানী এটোপাও খাবলৈ দিয়া নাই। মাকে কাঁহী এখনত পান্তা ভাত বাঢ়ি জীয়েকক খাবলৈ দিলে।
দূৰ্গাই ভাতকেইটা খাই ক’লে-
মা, তই বহ, আজি মই ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিম।
কাঁহী-বাটি ধোঁওতে আৰু চোতাল সাৰোঁতে
প্ৰায় সন্ধিয়া হৈ গ'ল। তাইৰ ঘৰলৈ মনত পৰিল। শহুৰেকলৈও মনত পৰি গ’ল।
তাই শহুৰেকক নোকোৱাকৈ গুচি আহিছে। ইতিমধ্যে শহুৰেকে হয়তো কে’বাবাৰো
তাইৰ কথা সুধিছে। তাই মাকৰ ওচৰলৈ আহি ক'লে- মা, আজিয়ে
মই গুচি যামগৈ।
কিয় ? ইমান সোনকালে
কিয় যাব খুজিছ? আজিয়ে আহিলি আৰু আজিয়ে যাব খুজিছ, কথা
কি? মাকে আশ্চর্যচকিতভাবে সুধিলে।
শহুৰ দেউতাৰ অসুখ। চোৱা-চিতা কৰিবলৈ ঘৰত
কোনো নাই। তেওঁ জজমানিৰ কাৰণে ৰাতিপুৱা ওলাই যায় আৰু সান্ধ্য-প্ৰদীপ দিয়াৰ পাছতহে ঘৰলৈ
ওভতে। দূৰ্গাই মাকক অসুবিধাৰ কথা জনালে৷
তথাপিও তই ইমানদিনৰ মূৰত আহিছ আৰু
আজিয়ে যোৱাৰ কাৰণে জেদ কৰি আছ! কমেও দুই চাৰিদিনতো থাকিবি..….….....
দূৰ্গাই ক’লৈ- ক’লো
নহয়, শহুৰ দেউতাই মোক এটা মুহূৰ্তৰ কাৰণেও চকুৰ আঁতৰ হ’বলৈ
নিদিয়ে? তেওঁক নোকোৱাকৈয়ে তোক চাবলৈ আহিছো। কাইলৈ ৰাতিপুৱা
নেদেখিলে মিছাতে অস্থিৰ হৈ উঠিব। তোমালোকৰ লগত সাক্ষাৎ হ’ল, তোমাৰ লগত
কথা পাতিলো, বচ, আৰু...... বাক্যটো সম্পূৰ্ণ নকৰাকৈ
দূৰ্গা হঠাৎ ৰৈ গ'ল। তাইৰ মনৰ কথা মুখত প্ৰকাশ কৰিব নোৱাৰিলে।
দূৰ্গা সন্ধিয়া ঘৰলৈ ওভতাৰ সময়ত মাকে
এসেৰ চাউল, কেইটামান আলু, বাৰীৰ দুডজন
কেঁচাকল, এটা ফটা-চিঙা মোনাত ভৰাই দিলে। তাইক বিদায় দিয়াৰ
কাৰণে দেউতাক পাৰঘাটলৈ আহিল। নাও অহালৈ অপেক্ষা কৰি দেউতাকে ক’লে- দূৰ্গা,
তই ইমানদিনৰ মূৰত আহিলি আৰু মই তোক এখন শাড়ীও কিনি দিব নোৱাৰিলো। তই
বেয়া নাপাবি, আই।
দূৰ্গাই দেউতাকৰ চকুত চকুপানী
প্রত্যক্ষ কৰিলে। দেউতাকে গামোচাৰে মুখখন ঢাকি চকু-পানী মচিলে।
খন্তেক পাছতে নাও আহি পাৰত লাগিল ৷
দূৰ্গাই পিছফালে ঘূৰি দেউতাকৰ কৰুণ মুখমণ্ডলৰ ফালে চালে আৰু পাছমুহূৰ্ততে তাই
মনে মনে নাওলৈ উঠি আহিল। গাঁৱলৈ অহাৰ সময়ত য’ত তাইৰ বান্ধৱী
কনি বহিছিল তাই তাতে বহিল। দূৰ্গাৰ উপলব্ধি হ’ল যেন ঠাইডোখৰৰ
পৰা এতিয়াও আঁতৰৰ সুবাস মলমলাই আছে। উক্ত সুবাসত তাইৰ মন পুনৰ উদাস হৈ উঠিল। তাই ভাবিবলৈ
ধৰিলে, ঈশ্বৰে তাইক এইদৰে দুখীয়া কৰি জনম দিছে কিয়? তাইৰ ল’ৰালিৰ
বান্ধৱী কনিৰ জন্ম কেনেকৈ ইমান ধনী পৰিয়ালত হ’ল? তাইৰ
এখন শাড়ী পিন্ধাৰে ভাগ্য নাই; অথচ তাইৰ বান্ধৱী কনিৰ গা সোণেৰে ঠাহ
খাই আছে। এনেস্থলত তাই দেৱীমাতাক কেনেকৈ নতুন শাড়ী পিন্ধাব?
তাইৰ এই দুর্ভাগ্যৰ শেষ ক’ত? নৈৰ খৰস্রোতৰ
বুকু ফালি নাও ইপাৰ আহি পালেহি। তেতিয়া বেলি অস্ত যাওঁ যাওঁ অৱস্থা।
তাই নাওৰপৰা নামি ঘৰৰ ফালে খোজ ল'লে।
লাহে লাহে আন্ধাৰ গভীৰ হৈ আহিবলৈ ধৰিলে। তাইৰ মনত ভয় সঞ্চাৰ হ’ল। নৈৰ পাৰৰপৰা
সিহঁতৰ গাঁৱখন বহু দূৰ। ঘৰ পাওঁতে ৰাতি হৈ যাব। কোনো উপায় নেদেখি তাই খৰখেদাকৈ
আগবাঢ়িবলৈ ধৰিলে।
কিছুদূৰ অহাৰ পাছত তাইৰ মনত অংকুৰিত হোৱা ভয় তালপাতৰ দৰে মুকলি হৈ তাইৰ সন্মুখত
থিয় হ’ল। তাইৰ পিছফালে তাই কাৰোবাৰ পদশব্দ শুনিবলৈ পালে। তাই
পিছফালে ঘূৰি ঘূৰি চাই খৰখেদাকৈ আগবাঢ়িবলৈ ধৰিলে; কিন্তু তাই আন্ধাৰত
একো মণিব নোৱাৰিলে। কিছুদূৰ অহাৰ পাছত তাই থমকি ৰৈ গ'ল। তাই তাইৰ সন্মুখত ভূতৰ দৰে ক’লা
মানুহ এজন
থিয় দি থকা প্ৰত্যক্ষ কৰিলে।
কোন ? দুর্গাই
উত্তেজিত কণ্ঠত সুধিলে। তাইৰ কণ্ঠস্বৰ কৰ্কশ শুনা গ'ল আৰু তাই সেই
অজ্ঞাত মূৰ্ত্তিৰ সন্মুখত বুকু ফিন্দাই থিয় হ’ল। তাইৰ সন্মুখত
থিয় দি থকা মানুহজন মহিষাসুৰৰ দৰে ‘হোঃ হোঃ’ কৈ হাঁহি মাৰিলে
আৰু হাঁহি হাঁহিয়ে সি তাইৰ ফালে আগবাঢ়িবলৈ ধৰিলে। দূৰ্গা লাহে
লাহে পিছহুহুকি থাকিল। কিন্তু খন্তেক পাছতে এখন বলিষ্ঠ হাতে তাইৰ কাপোৰৰ আঁচল
ধৰি আকৰ্ষণ কৰিবলৈ ধৰিলে। তাৰ নখৰ আঁচোৰত দূৰ্গাৰ শৰীৰ পৰা তেজ ওলাল৷ তাই নিজক
বচোৱাৰ কাৰণে প্ৰাণ–পণে চেষ্টা কৰিবলৈ ধৰিলে। কিছু সময় যুঁজাৰ পাছত তাই সেই
ভয়ংকৰ মানুহজনক চিনিব পাৰিলে৷ ঘৃণাত তাইৰ নাক কোঁচ খাই গ'ল।
দূৰ্গাই মানুহজনক চিনাৰ পাছত মানুহজন
অধিক হিংস্ৰ হৈ উঠিল। ক্ষুধার্ত বাঘৰ দৰে সি দূৰ্গাৰ ওপৰত জঁপিয়াই পৰিল। নিজক
বচোৱাৰ কাৰণে দুৰ্গাই বাটত পৰি থকা এডোখৰ শিল বুটলি মানুহজনৰ মূৰ লক্ষ্য কৰি মাৰি
পঠিয়ালে। শিলৰ আঘাতত মানুহজন থিতাতে লুটি খাই পৰি ছট্ফটাবলৈ ধৰিলে।
মানুহজনক তেনেকৈ ছটফটাই থকা দেখি দূৰ্গাৰ সেইজনা দশভূজা দেৱীৰ কথা মনত পৰি গ'ল,
যিজনা দেৱীৰ পদতলত মহিষাসুৰ তেজেৰে তুমৰলি হৈ পৰি আছিল।
সেই মানুহজন আন কোনো নাছিল। কনিৰ
গিৰিয়েকহে আছিল সেই মানুহজন। কনিৰ গিৰিয়েকেই তাইৰ সন্মুখত মহিষাসুৰৰ দৰে থিয় দিছিল। তাই কনিৰ
গিৰিয়েকৰ বুকুৰ ওপৰত বহি শিলডোখৰেৰে তাৰ মূৰত উপর্যুপৰি আঘাত কৰি মূৰটো
থেতেলি পেলালে। তাই তেতিয়া একেবাৰে ৰণচণ্ডী ৰূপ ধাৰণ কৰিছিল। তাইৰ চকুৰপৰা জুইৰ
ফিৰিঙতি ওলাই আছিল। তাৰ বুকুৰ ওপৰত বহি কৰা প্ৰতিটো আঘাতৰ
লগে লগে তাই চিঞৰি কৈ আছিল- মৰ, তই মৰ মহিষাসুৰ। নিজৰ পত্নীৰ
ৰূপ-লাৱণ্য লুকোৱাৰ কাৰণে দামী শাড়ী কিনি দিয়া আৰু বেলেগৰ পত্নীক নাঙঠ কৰিব
বিচাৰ। তই মৰাই ভাল। মহিষাসুৰ বধ হোৱাই উচিত।
কনিৰ গিৰিয়েক নিথৰ হৈ যোৱাৰ পাছত
দূৰ্গা তাৰ বুকুৰ পৰা উঠি থিয় হ’ল। তাইৰ সমগ্ৰ শৰীৰ তেজেৰে তুমৰলি হৈ পৰিছিল।
তেতিয়া তাইৰ কোনো ভয় বা আশংকা নাছিল। তেজেৰে ৰাঙলি হৈ থকা শাড়ীখন পিন্ধিয়ে তাই
গাঁৱৰ ফালে আগবাঢ়িবলৈ
ধৰিলে।
তাই আহি ঘৰ পায় মানে ৰাতি পুৱাবলৈ
মাথোন দুপ্ৰহৰহে বাকী আছিল। তাই দুৱাৰ ঠেলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। ঘৰৰ
ভিতৰত তেতিয়া আন্ধাৰে খোপনি পুতি আছিল।
কোন? ঘৰৰ কোণৰপৰা
শহুৰেকৰ কণ্ঠস্বৰ ভাহি আহিল। দুৰ্গাই শহুৰেকৰ ভৰি চুই প্রণাম কৰিলে। শহুৰেকে ক'লে- বোৱাৰী,
তুমি কেতিয়া আহিলা? বাবু চণ্ডীপাঠৰ কাৰণে মন্দিৰলৈ গৈছে।
এইদৰে কোৱাৰ পাছত শ্যাম মিশ্ৰ পুনৰ টোপনি গ'ল।
কিন্তু দুৰ্গাৰ চকুত টোপনি নাই।
আন্ধাৰৰ মাজতে তাই কিছু সময় শহুৰেকৰ ফালে চাই থাকিল। তাৰ পাছত তাই গোহালি ঘৰলৈ
আহিল। গোহালিৰ পৰা গোবৰ আনি তাই সমগ্ৰ চোতাল লেপিলে আৰু চোতালৰপৰা ঘৰৰ ভিতৰলৈকে
আল্পনা আঁকিলে৷
তাই দেৱীৰ গা ধোৱালে । তাৰ পাছত তাই ঘৰৰ পিছফালৰ পৰা কিছু ফুল চিঙি আনি দেৱীমাতাক
ফুলেৰে সজালে। নাৰিকলৰ বাকলি জ্বলাই ধূপদানিত ৰাখিলে আৰু
গুগুল জ্বলাই সকলোতে ধূপৰ ধোঁৱা দিলে। ধূপ আৰু গুগ্গুলৰ সুবাসত সমগ্ৰ
ঘৰ মলমলীয়া হৈ উঠিল। সেই সুবাস খিড়িকিৰে ওলাই চাৰিওফালে সিঁচৰতি হৈ পৰিল। কিছু
সময় পাছতে পূর্বাকাশ পৰিষ্কাৰ হৈ উঠিল। অৱশ্যে গাঁৱৰ দূৰ্গা মণ্ডপৰ
পৰা ভাহি অহা চণ্ডীপাঠৰ ধ্বনি তেতিয়াও শুনা গৈছিল।
শ্যাম মিশ্ৰৰ টোপনি ভাঙিল। কোঠালিৰ
ভিতৰৰপৰা ইতিমধ্যে আন্ধাৰ আঁতৰি গৈছিল। দেৱীমাতাৰ পদতলত চাকি জ্বলি আছিল।
চাকিৰ শিখাৰ পোহৰত দেৱীমাতাৰ মুখমণ্ডল উজলি আছিল। শ্যাম মিশ্র চমকি উঠিল। সি
কোনোমতে লাহে লাহে উঠি বহিল। সি দেৱীমাতাৰ গা ৰঙা শাড়ীৰে শোভিত
হৈ থকা প্ৰত্যক্ষ কৰিলে। শ্যাম মিশ্ৰৰ হাত আপোনা-আপুনি যোৰহাত হ’ল-
হে’ দেৱীমা, মই তোমাক নতুন শাড়ী পিন্ধাব নোৱাৰিলো। মই
খুবেই অভাগা, মা, মোৰ লক্ষ্মী বোৱাৰীয়ে মোৰ মনৰ কথা
উপলব্ধি কৰিব পাৰি মোৰ মনস্কামনা পূৰণ কৰিলে। তুমি সদায় তাইক ৰক্ষা কৰিবা,
মা।
বেলেগ কোঠালিত দূর্গা বেৰৰ লগত আঁউজি
আন্ধাৰৰ মাজত বহি আছিল।। তাইৰ শৰীৰ তেতিয়াও তেজেৰে লুতুৰি- পুতুৰি হৈ আছিল। তাই যিখন শাড়ী পিন্ধি
আহিছিল সেই শাড়ীখন দেৱীমাতাৰ শৰীৰত সুশোভিত হৈ আছিল। তেজেৰে ৰাঙলি শাড়ী পিন্ধা দেৱীমাতাৰ ওঁঠত
মহিষাসুৰ মদনৰ পাছৰ বিজয়ৰ উল্লাস প্ৰকট হৈ আছিল।
(গণ সংবাদত প্রকাশিত)
গৰুগাড়ী
ৰায়গড় চাৰি আলিত আজি এখনো গৰুগাড়ী
নাই। অথচ কিছু বছৰ আগলৈকো এই ৰাজআলিৰ প্ৰশস্ত বুকুৱেদি পৰুৱাৰ দৰে
অসংখ্য গৰুগাড়ীৰ লানি নিছিগা সোঁত বৈছিল আৰু গাড়ীৰ চকাৰ ঘৰ্ঘৰ শব্দই অপূৰ্ব
সংগীতৰ মূৰ্চ্ছনা সৃষ্টি কৰিছিল। অন্ধকাৰ ৰাতি অসংখ্য গৰুগাড়ীৰ লণ্ঠনৰ
পোহৰে মাইলৰ পাছত মাইল ব্যাপী এক অভিনৱ সৌন্দর্য সৃষ্টি কৰি জন মানসক মোহাচ্ছন্ন
কৰিছিল। অথচ সেই ৰাজআলিত আজি এখনো গৰুগাড়ী নাই। এনেকি আজি শুক্ৰব্ৰৰীয়া হাট বাৰৰ
দিনাও ৰাজআলি
নিজম পৰি আছে। গৰুগাড়ীৰ পৰিৱৰ্ত্তে অসংখ্য গৰুগাড়ী চালক আৰু সিহঁতৰ পৰিয়ালৰ লাখ
লাখ প্ৰাণীৰ অন্নৰ ওপৰত ধূলি ছটিয়াই সেই ৰাজআলিৰ প্ৰশস্ত
বুকুৱেদি পাগুৰি পিন্ধা দঢ়িয়া পঞ্জাৱী ড্ৰাইভাৰ চালিত কেইখনমান মালবাহী লৰীহে
দৌৰি আছে।
ৰাজআলিৰ দাঁতিতে এজোপা বৰগছ। সেই
গছজোপাৰ তলত বহি সংকীৰ্তনে ৰাজআলিৰ সেই শূন্যতা নিৰীক্ষণ কৰি আছিল। শূন্য ৰাজআলিৰ বুকু কঁপাই ঘৰ্ঘৰ
নাদেৰে দিগ্বিদিক্ বিকম্পিত কৰি ৰাস্তাৰ ধূলি উৰুৱাই পথচাৰীৰ চকু অন্ধ কৰি মাজে
সময়ে এটা দুটাকৈ লৌহ দানৱ সংকীৰ্তনৰ সন্মুখেদি পাৰ হৈ গৈ আছিল। লৰীবোৰ পাৰ হৈ
যোৱাৰ সময়ত সংকীৰ্তনৰ অস্থি চর্মসাৰ বুকু ভেদ কৰি ওলাই আহি আছিল
বুকুভঙা হুমুনিয়াহ আৰু তাৰ নিষ্প্রভ চকুৰ পৰা ওলাই আহি আছিল অগ্নিস্ফূলিং।
হঠাৎ সংকীৰ্তনৰ অতীত দিনৰ কথা মনত পৰি
গ'ল। হয়, অতীত দিনৰ কথা। বৰ বেছি দিনৰ কথা নহয়, কেই
বছৰমান আগৰ
কথা। তেতিয়া এই লৌহ দানৱবোৰ এই অঞ্চলত প্ৰৱেশ কৰা নাছিল আৰু তাৰ দিনবোৰ ভালদৰেই
চলি আছিল। তেতিয়া
তাৰ দেহত আছিল সিংহৰ বল আৰু চকুত আছিল ৰঙীন সপোন। হাতীৰ দৰে এহাল বলবান বলধ আছিল
তাৰ। বলধহালৰ
থিয় শিঙত সি নাৰিকল তেল মালিচ কৰি চিক্চিকীয়া কৰি ৰাখিছিল। শিঙত বান্ধি দিছিল
ৰঙা কাপোৰ আৰু ডিঙিত আঁৰি দিছিল কাঁহৰ ঘণ্টা। তাৰ গাড়ীখনো
আছিল বৰ গুণী। সেই গাড়ীত বহি সি কিমান ধুমুহা বৰষুণ পাৰ কৰি দিছে। পাটনা,
বগড়ৰ পৰা আৰম্ভ কৰি চম্বলপুৰ বজাৰলৈকে আছিল তাৰ বিচৰণস্থলী। এই
সুদীৰ্ঘ ৰাস্তা সি কিমানবাৰ অহা-যোৱা কৰিছে তাৰ কোনো হিচাপ নাই। গাড়ীত মাল
বোজাই দি বলধহাল যুতি সি যেতিয়া গাড়ীত উঠি ভৰি দুটা দীঘলকৈ মেলি বহিছিল
তেতিয়া তাৰ মন আনন্দত উথলি উঠিছিল। মুখেৰে ওলাইছিল ৰসৰ গীতৰ সুৰ।
নতুনকৈ বিয়া কৰাই অনা ৰাজকুমাৰীৰ কথা
মনত পৰি গ'ল সংকীৰ্তনৰ। গাৰ গঠন যিদৰে ৰাজকুমাৰীৰ দৰে আছিল, সেইদৰে
ৰূপো আছিল ঠিক ৰাজকুমাৰীৰ দৰে। গাৰ বৰণ সিমান বগা নাছিল যদিও একেবাৰে ক’লাও
নাছিল। পদুমৰ ঠাৰিৰ দৰে সুগঠিত বাহুযুগল, মূৰত এমুৰ
উন্মুক্ত ঘন ক’লা দীঘল চুলিৰ খোপা। খোপাত গুজি লৈছিল মল্লিকা
ফুলৰ মালা। ৰাজকুমাৰী
নহ’লেনো আকৌ কি?
গাড়ীত উঠি বহাৰ পাছত সংকীৰ্তনৰ মানস
চকুত যেতিয়া ৰাজকুমাৰীৰ সেই ৰূপ উদ্ভাসিত হৈ উঠিছিল, তেতিয়া তাৰ ওঁঠত
মৃদু হাঁহিৰ ৰেখা বিৰিঙি উঠিছিল৷ তেতিয়া সি চম্বলপুৰ হাটৰপৰা নতুন শাড়ী কিনি
অনাৰ কথা ভাবিছিল । কেতিয়াবা আকৌ খাঁটি ৰূপৰ মজবুত চুৰী বনাই অনাৰ
কথাও ভাবিছিল। এইদৰে অতীত দিনৰ অলেখ স্মৃতি সংকীৰ্তনৰ মনৰ মাজত ভুমুকি
মাৰিবলৈ ধৰিলে। এতিয়া অৱশ্যে সেইবোৰ দুঃস্বপ্ন।
অতীত দিনৰ স্মৃতি মনত পৰাৰ লগে লগে
সংকীৰ্তনৰ বুকু ভেদ কৰি উত্তপ্ত হুমুনিয়াহ ওলাই আহিল৷ চকুৰ পৰা নিগৰি পৰিল
দুফোটা তপত চকুলো।
মাথোন সংকীর্তনে নহয়, তাৰ
দৰে শ শ সংকীৰ্তন আছে বগড় এলেকাত। সিহঁতে পাটনা, বগড়ৰ পৰা
চম্বলপুৰলৈ গাড়ী
চলাই পেট প্ৰৱৰ্ত্তন কৰিছিল। কিমান সুখেৰে পাৰ হৈছিল সিহঁতৰ সেইবোৰ দিন! পৰিয়াল,
আত্মীয়স্বজনৰ সৈতে কিমান সুখত আছিল সিহঁত! কিন্তু সেইবোৰ এতিয়া
সপোন। কেইটামান মালবাহী লৰীৰ সৈতে দঢ়িয়া, পাগুৰিৱালা
পঞ্জাৱীসকল অহাৰ
পাছত সেইবোৰ অসংখ্য পৰিয়াল আজি ধ্বংস হৈ গৈছে। খাবলৈ নাপাই সংকীৰ্তনৰ ৰাজকুমাৰীৰ
দৰে শ শ ৰাজকুমাৰী আজি বাটৰ ভিখাৰিণীত পৰিণত হৈছে, অথবা
কোনোবা চক্রান্তকাৰীৰ চক্ৰান্তত পৰি সুদূৰ কলিমাটি অথবা কলিকতালৈ বেশ্যাবৃত্তিৰ
বাবে চালান হৈ গৈছে। এই জঘন্য ব্যৱসায়ত লিপ্ত হোৱাৰ ক্ষেত্ৰত পঞ্জাৱী
ড্ৰাইভাৰসকলৰ ভূমিকাও কম নহয়। নিৰ্জীৱ মালৰ পৰিৱৰ্ত্তে সজীৱ মাল
চালান কৰিবলৈও পশ্চাদপদ্ হোৱা নাই সিহঁতে। এইদৰে অযুত অতীত স্মৃতিয়ে খলকনি তুলিলে
সংকীৰ্তনৰ মনত?
সংকীর্তন বৰগড়ৰ কাছাৰীৰ সন্মুখত থকা
বৰ্গছজোপাৰ তলত স্থানুৰ দৰে বহি অপলক নেত্রে শূন্য ৰাজআলিৰ ফালে চাই অতীত
দিনৰ সেইবোৰ স্মৃতি ৰোমন্থন কৰি আছিল। তাৰ মাংসল সুপুষ্ট বাহুদ্বয় আজি অস্থি
চর্মসাৰ, সিৰাযুক্ত। মুখমণ্ডল ভয়ংকৰ। দেহ কামিহাড় যুক্ত। মহাজনৰ ঋণ
পৰিশোধ কৰিবলৈ সি তাৰ অতি মৰমৰ গাড়ীখন নীলামত বিক্ৰী কৰিছে। হাতীৰ দৰে
বলধহাল খাদ্যৰ অভাৱত শুকাই কাঠ হৈ গৈছিল। বলধহালৰ এবাৰ খুৰাৰ বেমাৰ হ’ল।
অস্থি চর্মসাৰ বলধহাল দুদিন পাছতে ছট্ফটাই । থাকিল। বর্তমান
সংকীর্তন নিঃস্ব। তাৰ মৰমৰ ৰাজকুমাৰী আজি তাক এৰি থৈ গুচি গৈছে। গাড়ীৰ ব্যৱসায়
লোপ পোৱাৰ পাছত পেটৰ অন্ন যোগাৰ কৰাটো খুবেই টান হৈ পৰিছিল। ফলত অনাহাৰ অনিদ্ৰাত
ৰাজকুমাৰীৰ তেজ মঙহ পানী গৈ গ'ল। শুকাই কাঠ হৈ
গ'ল তাইৰ সুপুষ্ট বাহুযুগল। তেলৰ অভাৱত মূৰৰ চুলি জঁট পকাই ধৰিলে।
সংকীর্তনে সেইবোৰ
নিজ চকুৰে প্রত্যক্ষ কৰিছে। তাৰ চকুৰ আগতে ঘটিছে সেইবোৰ। সি তাৰ পুতেকৰ মৃতদেহ
নিজে বৈ নি জীৰা নৈৰ বালিত দাহ কৰি আহিছে। তাৰ অতি মৰমৰ ৰাজকুমাৰীকো
নিজে বৈ নি জীৰা নৈৰ বালিত শুৱাই থৈ আহিছে।
মাথোন সংকীর্তনৰে এনেকুৱা দশা হোৱা
নাই। তাৰ দৰে শ শ গৰুগাড়ী চালক আৰু সিহঁতৰ লাখ লাখ পৰিয়ালৰ আজি এই
দশা হৈছে। ইয়াৰ বাবে দায়ী কোন? এই দানৱবোৰে ইয়াৰ বাবে দায়ী নহয়নে
বাৰু? নাই নাই, এইবোৰতো নিৰ্জীৱ, ইয়াৰ বাবে
দায়ী দানৱবোৰৰ চালক দঢ়িয়া পঞ্জাৱী ড্ৰাইভাৰসকলহে।
প্ৰচণ্ড ঘৃণাত সংকীৰ্তনৰ মূৰৰ সিৰাবোৰ
ফুলি উঠিল। তাৰ অৰ্ধ বলিয়া মস্তিষ্কত দপ্দপাই জ্বলি উঠিল চয়তানী প্রতিশোধৰ অগ্নিশিখা।
সি স্থিৰ হৈ বহি থাকিব নোৱাৰা হ’ল। অস্থিৰ হৈ উঠিল সি। যিসকল ৰাক্ষসে
তাৰ সৰ্বনাশ কৰিছে, নাই নাই, মাথোন তাৰে
নহয়, তাৰ দৰে শ শ গাড়ীচালকৰ সোণৰ সংসাৰ শ্মশানলৈ পৰিণত কৰিছে, সেইসকল
দস্যুৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে সি দৃঢ় প্রতিজ্ঞ হ’ল।
সংকীৰ্তনৰ মূৰত চয়তানী বুদ্ধি সোমাই
এটা সময়ত তাক উন্মাদপ্রায় কৰি তুলিলে। প্রচণ্ড খঙত তাৰ শৰীৰ ঠক্ঠককৈ কঁপিবলৈ
ধৰিলে। ঠিক সেই মূহুর্তে এখন মালবাহী লৰী আহি তাৰ সন্মুখত ৰৈ গ'ল।
লৰীখন দেখি সি প্রচণ্ডভাবে উত্তেজিত হৈ উঠিল আৰু ৰাস্তাৰ দাঁতিত পৰি থকা
এটি ডাঙৰ শিল বুটলি লৈ লৰীৰ চালক দঢ়িয়া পঞ্জাৱীৰ মূৰ লক্ষ্য কৰি সজোৰে মাৰি পঠিয়ালে।
শিলৰ প্ৰচণ্ড আঘাতত চালকজন ঢলি পৰিল।
সংকীৰ্তন আৰক্ষীৰ হাতত ধৰা পৰিল।
আৰক্ষীয়ে তাক হাজোতলৈ চালান দিলে। হত্যাৰ অপৰাধত অপৰাধী সি। কোর্টত তাৰ
বিচাৰ চলিল। ন্যায়াধীশে সুধিলে- সংকীর্তন, তুমি পঞ্জাৱী
ড্ৰাইভাৰ খোচালৰাম সিঙক হত্যা কৰিছা নেকি?
সংকীৰ্তনে বজ্ৰ গম্ভীৰ কণ্ঠত উত্তৰ
দিলে- হয়, হত্যা কৰিছো।
কিয়?
সি মোৰ বংশ নাশ কৰিছে। নাই নাই,
মাথোন মোৰে বংশ নাশ কৰা নাই, মোৰ দৰে শ শ গৰুগাড়ী চালকৰ বংশ সি
তিলে তিলে
নাশ কৰিছে। বহু মানুহৰ অকাল মৃত্যুৰ কাৰণে সি দায়ী। তাৰ দৰে হত্যাকাৰীক হত্যা
কৰিছোতো কি হৈছে? এইদৰে কৈ সংকীৰ্তনে অট্টহাঁহি মাৰিলে। তাৰ
হাঁহিৰ শব্দত বিচাৰালয় কঁপি উঠিল।
সংকীৰ্তনৰ বিচাৰ হ’ল।
এচ-চেচৰ ৰাম দয়াল সিং, মাৰোৱাৰী মণিৰাম গৌস্তিয়া, গজৰাজ
সিং জমিদাৰ আৰু মতিৰাম শেঠে মত প্ৰকাশ কৰিলে-সংকীর্তন দোষী। হত্যাৰ
অপৰাধত সি দোষী। তাৰ ফাঁচি হোৱা উচিত। ফলত আটায়েৰে বিচাৰত সংকীর্তন ফাঁচি যোগ্য অপৰাধত দোষী
সাৱ্যস্ত হ'ল।
ন্যায়াধীশে ৰায় শুনালে- নৰহত্যাৰ
অপৰাধত সংকীৰ্তনৰ ফাঁচি হ’ব লাগিছিল; কিন্তু তাৰ
মানসিক বিকৃতি ঘটাত কোনো ধৰণৰ কাৰণ নোহোৱাকৈয়ে হঠাৎ উত্তেজিত হৈ সি
খোচালৰাম সিঙক লক্ষ্য কৰি শিল মাৰি পঠিওৱাত প্ৰাণদণ্ডৰ পৰিৱৰ্ত্তে তাক
পগলা ফাটেকত ৰখা হ’ব ।
ৰায় শুনি সংকীৰ্তনে পুনৰ অট্টহাঁহি
মাৰিলে। পাছত ক’লে- মই পগলা নহয়, যিসকলে আপোনাৰ
কাষত বহি মোক দোষী সাব্যস্ত কৰিছে, সেই সকলহে
প্ৰকৃতাৰ্থত পগলা.….... সংকীৰ্তনে আৰু কিবা ক’ব বিচাৰিছিল,
কিন্তু ক’ব নোৱাৰিলে। হঠাৎ উত্তেজিত হোৱাৰ কাৰণে তাৰ হৃদ্ক্রিয়া
বন্ধ হৈ গ'ল আৰু সি কাঠগড়াৰ ওপৰত ঢলি পৰিল।
কাঠগড়াৰ ওপৰতে সংকীৰ্তনৰ জীৱন নাটৰ
যৱনিকা পৰিল।
(অগ্রদূত- ১৩-০৫-২০১৩)
ওচৰ-দূৰ
আনদিনাৰ দৰে ৰাস্তাত বন্ধু-বান্ধৱৰ লগত
আড্ডা নামাৰি ৰামকৃষ্ণ বাবু পোনে পোনে ঘৰলৈ আহিল। স্বাভাৱিকতে সি ঘৰলৈ
ওভতোঁতে সন্ধিয়া সাত বাজি যায়; কিন্তু আজি চাৰে ছয় বজাতে ঘৰলৈ অহাৰ
কাৰণে বিষ্ণুপ্রিয়াই সুধিলে- কি হ’ল, ইমান সোনকালে আহিল যে- আজি
বন্ধু-বান্ধৱৰ লগত দেখা হোৱা নাই নেকি?
ৰামকৃষ্ণ বাবুই ছাতিডাল বেৰৰ লগত আঁউজাই
থৈ হাঁহি মাৰি ক'লে- তোমাক আজি এটি সুসংবাদ দিয়াৰ কাৰণেই সোনকালে
আহিলো। জানা, আজি দাস বাবুই ক’লে যে, আমালোকৰ
অনি হেনো ভূৱনেশ্বৰলৈ বদলি হৈছে।
বিষ্ণুপ্রিয়াই চোতাল সাৰি আছিল। খবৰ
শুনি তাই উচাপ খাই উঠিল। শোটাডাল মাটিত নমাই থৈ সুধিলে তাই- অনি ইয়ালৈ
বদলি হৈছে নেকি? ভগবান সঁচাকৈয়ে দয়ালু। চকু মুদাৰ সময়ত আমাৰ
ল’ৰা আমাৰ ওচৰত থাকিব যেন লাগিছে। কোৰাপট ইয়াত নেকি? যোৱা
পাঁচ বছৰ ধৰি অনি তাত চাকৰি কৰি আছে। পো-বোৱাৰী, নাতি-নতিনীক
চাবলৈ আমি এবাৰৰ কাৰণেও তালৈ যাব পাৰিছোঁ জানো?
ৰামকৃষ্ণ বাবুই ক'লে-
সদ্যহতে মোক একাপ চাহ দিয়া। মই আগতে কিছু সতেজ হৈ লওঁ। ইমান দিনৰ মূৰত পুতেক আমাৰ
ওচৰলৈ আহি আছে। কি কি কৰিম বুজি উঠিবপৰা নাই। ভাবিছিলো, কিবা হৈ গ'লে
পুতেক অহালৈ মোৰ বাহী শৱদেহ ঘৰত পৰি থাকিব। মহাপ্রভুই আমাৰ প্ৰাৰ্থনা
শুনিলে। এতিয়া মুখত পানী দিয়াৰ কাৰণে বেলেগক বিচৰাৰ প্ৰয়োজন নহ’ব।
বচ, এয়াই আমাৰ কাৰণে বহুত।
এৰা এৰা, তুমি ঠিকেই
কৈছা। দেখা নাইনে জগদীশৰ পুতেক আহিব নোৱাৰাৰ কাৰণে ভতিজাকেই মুখাগ্নি কৰিব লগা হৈছিল।
এয়া পূৰ্বজনমৰ ফল। সি ল’ৰা-ছোৱালী লৈ সুখেৰে থাকক এয়াই আমাৰ
কাৰণে বহুত। আমাৰ আৰু কি বস্তুৰ প্রয়োজন ! যিয়ে নহওঁক, এইবোৰ
সকলোতো তাৰেই। সি ল’ৰা-ছোৱালী লৈ সুখেৰে থাকিলে, তাতেই
আমাৰ সুখ। চাহ বনাই থাকোঁতে বিষ্ণুপ্রিয়াই ক'লে।
আৰে, তোমাৰতো সুখেই
সুখ। পুতেক, নাতি-নাতিনী কাষত থাকিব, বোৱাৰীয়ে
পাক-ঘৰত হাত উজান দিব, এতিয়া পুৱাৰেপৰা সন্ধিয়ালৈ তুমি আৰু কাম
কৰিব নালাগিব। এয়া নোকোৱা কিয়?
গিৰিয়েকৰ হাতত চাহ কাপ দি
বিষ্ণুপ্রিয়াই ক'লে- যেতিয়ালৈকে মোৰ হাত-ভৰি চলিব, তেতিয়ালৈকে
মই নিজেই কাম কৰিম। ইমান লেখা-পঢ়া জনা বোৱাৰী, তাইক
পাকঘৰত কাম কৰিবলৈ দিবা নেকি? এতিয়া সিহঁতৰ আমোদ-প্রমোদৰ সময়। এতিয়াতো ল’ৰা-ছোৱালী লৈ
বোৱাৰী নিজেই বিমোৰত পৰি আছে।
চাহ খোৱাৰ পাছত ৰামকৃষ্ণ বাবুই বাথৰোমৰ
ফালে গৈ আছিল। হঠাৎ তাৰ কিবা কথা মনত পৰি গ'ল। সি থমকি ৰৈ ক’লে-
আজিলৈকে আমি দুয়ো যেনে-তেনে চলি আছো। পুতেক-বোৱাৰী অহাৰ আগতে ঘৰটো কিছু
পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিব লাগিব। গা-ধোৱা ঘৰ আৰু পায়খানা মেৰামত কৰোৱাব
লাগিব। সিহঁতৰ থকা-মেলাৰ ধৰণ আমাৰ দৰে সাধাৰণ মানুহতকৈ বেলেগ। সিহঁতৰ আলপৈচান ধৰিবলৈ যাতে
কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি সদায় চকু ৰাখিব লাগিব। সিহঁতৰ ওচৰলৈ
বহু উচ্চশিক্ষিত মানুহৰ আহ-যাহ লাগি থাকিব। তুমি এটি তালিকা তৈয়াৰ কৰি লোৱাই ভাল
হ’ব। পুৰণি কাপ-প্লেট আৰু কাঁচৰ গিলাচত দাগ লাগি গৈছে,
বোৱাৰীয়ে এইবোৰ বস্তুত হাতে নলগাব। ডাঙৰ ঘৰৰপৰা আহিছে, তাইৰ
থকা-মেলা আৰু
খোৱা-বোৱাৰ ধৰণ আমাতকৈ বেলেগ। আমাৰ ঘৰত এটা গাড়ীও নাই। অৱশ্যে মনটোক আমোদ দিয়াৰ
কাৰণে টি, ভি এটা আছে। আৰে, চাফ-চিকুণ আৰু
কাপোৰ ধোৱাৰ কাৰণে বনকৰা ল'ৰা এজন ৰাখিব লাগিব। দামবাবুৰ ঘৰলৈ
বনকৰা তিৰোতা
এজনী আহে, তাইক আমাৰ ঘৰলৈকো আহিবলৈ ক’বাচোন। যদি তাইৰ অৱসৰ নহয়, তেনেহ'লে
তাইক বেলেগ এজনী
যোগাৰ কৰি দিবলৈ ক'বাচোন।
ৰামকৃষ্ণ বাবু বাথৰোমৰ ভিতৰলৈ সোমাই গ'ল।
বিষ্ণুপ্রিয়াই পূজাৰ কাঁহীখন পূজা ঘৰত থৈ তুলসী পাত, ধূপ আৰু চন্দনৰ
ব্যৱস্থা কৰিবলৈ লাগি গ'ল। বাথৰোমৰপৰা ওলায়ে ৰামকৃষ্ণ বাবুই পূজা
কৰিবলৈ বহিব। বিষ্ণুপ্রিয়াই মনে মনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি নিজৰ মনৰ কথা ক'লে
আৰু নিজৰ নাতি-নাতিনী, পুতেক-বোৱাৰীয়েকৰ দীৰ্ঘায়ু আৰু সুখী জীৱন
যাজ্ঞা কৰিলে।
সকলো যুগতে মাক-দেউতাকে নিজৰ সন্তান
আৰু নাতি-পুতিৰ কাৰণে মংগল কামনা কৰি আহিছে। নিজৰ আয়ুৰ পৰিৱৰ্ত্তে সন্তানক দীর্ঘায়ু কৰাৰ
কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। নিজৰ প্ৰয়োজন হ্ৰাস কৰি সন্তানৰ প্ৰয়োজন
পূৰণৰ কাৰণে
প্ৰয়াস কৰিছে। প্ৰথমবাৰ যেতিয়া অনিমেষ ওৰফে অনি বিদ্যালয়লৈ গৈছিল তেতিয়া ৰামকৃষ্ণ
বাবুৰ বেতন খুবেই কম আছিল। কোনোমতে নিজৰ পৰিয়ালৰ চাহিদা পূৰণ
কৰিছিল। তথাপিও সি একমাত্র সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ভৰ্তি
কৰি দিছিল। বিদ্যালয়ৰ নিয়মানুসাৰে শ্রেণী শিক্ষকে চার্ট-পেণ্ট, জোতা-মোজা,
কিতাপ, বেগ, পানীৰ বটল আদি যোগান দিয়াৰ বাবে এক দীঘলীয়া তালিকা
লেখি পঠোৱাতো সি ধৈৰ্য হেৰুৱা নাছিল। ঘৰলৈ অহাৰ সময়ত অনিমেষ নতুন পোচাক
পিন্ধা বন্ধু এজনক লগত লৈ আহিছিল। অনিমেষে বন্ধুজনক দেখুৱাই তাৰ দৰে কাপোৰ তথা
অন্যান্য বস্তু কিনি অনাৰ বাবে আবদাৰ কৰিছিল। ৰামকৃষ্ণ বাবুই তালিকা
অনুসৰি কাপোৰ, কিতাপ, বেগ নাৰ কাৰণে বজাৰলৈ গৈছিল। বস্তুবোৰ
কিনোঁতে মাথোন দুহেজাৰ সাতশ টকা লাগিব বুলি দোকানদােেৰ তাক জানিবলৈ দিছিল।
দোকানদাৰৰ কথা শুনি তাৰ
মূৰটো আচন্দ্ৰাই কৰি উঠিছিল। প্রথম শ্রেণীৰ ল’ৰাৰ ইমান
প্রয়োজনীয়তালৈ চাই তাৰ মন হতাশাৰে ভৰি পৰিছিল; কিন্তু মুখ
খুলি একো কোৱা নাছিল। ভাবিছিল, দুহেজাৰ সাতশ টকাৰ ব্যৱস্থা কৰিবলৈ সি
দুহেজাৰ টকা ধাৰ কৰিব লাগিব। সি নিজৰ জোতাৰ কাৰণে পাঁচশ আৰু পৰিবাৰৰ
শাড়ী কিনাৰ কাৰণে দুশ টকা জমা কৰিছিল। পুতেকৰ প্ৰয়োজনীয় বস্তু কিনিবলৈ গৈ
সি জোতাতো কিনিবপৰা নাছিলেই শাড়ী কিনাও স্থগিত ৰাখিব লগা হৈছিল। ৰামকৃষ্ণ বাবুই
সিদিনাই টকা ধাৰে লৈ পুতেকৰ কাৰণে কিতাপ-ফলি, কাপোৰ আদি কিনি
আনিছিল।
পুতেকৰ পঢ়াৰ কাৰণে সি বেলেগ একো
চিন্তা কৰিবপৰা নাছিল। অনিৰ সকলো প্রয়োজনেই সি পূৰণ কৰিছিল। ভাল বিদ্যালয়ত
পঢ়া আৰু ভাল ফলাফল প্ৰদৰ্শন কৰাৰ কাৰণে অনিমেষে চাকৰিৰ কাৰণে বিশেষ কষ্টও কৰিব লগা
হোৱা নাই। ও, এ, এছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে সি
তহচিলদাৰৰ চাকৰি পাইছিল। ইমান ভাল চাকৰি লৈ চাই সঞ্চালক পৰশুৰাম নায়েকে
নিজৰ ছোৱালীৰ লগত অনিমেষৰ বিয়াৰ প্ৰস্তাৱ দিছিল আৰু সোনকালেই বিয়া সম্পন্ন হৈ
গৈছিল। তহচিলদাৰৰ পাছত বি, ডি, ও
আৰু ইয়াৰ পাছত ডেপুটি কালেক্টৰ হিচাপে পদোন্নতি হয়। চাকৰিকাল সাত বছৰ সম্পূৰ্ণ
হোৱাৰ পাছতে সি ডেপুটি কালেক্টৰ হিচাপে কোৰাপটত কার্যভাৰ গ্ৰহণ
কৰে। সিদিনা ৰামকৃষ্ণ বাবু আৰু বিষ্ণুপ্রিয়াই পুতেকৰ মংগল কামনা কৰাৰ
কাৰণে মন্দিৰলৈ গৈছিল। সিহঁতে ভোগ হিচাপে ক্ষীৰ আগবঢ়াইছিল আৰু মন্দিৰৰ চূড়াত
নতুন পতাকা লগাইছিল।
সেই অনিমেষ চাওঁতে চাওঁতে ইমান ডাঙৰ হৈ
গৈছে যে, ভূৱনেশ্বৰলৈ তাৰ বদলিৰ খবৰ শুনাৰ পাছৰে পৰা বিষ্ণুপ্রিয়াই মাটিত
ভৰি থ'ব খোজা নাই। আজি সি এ, ডি, এম হৈছে,
কাইলৈ নিশ্চিতভাবে কালেক্টৰ হ’ব। অনিমেষ
ভুৱনেশ্বৰ লৈ অহাৰ আগতেই ৰামকৃষ্ণ বাবুই নিজৰ সৰু ঘৰটো অনিমেষ
থকাৰ উপযোগী কৰি সজাই-পৰাই তুলিবলৈ ব্যস্ত হৈ পৰিল। বোৱাৰীয়েকৰ এষাৰ
কথা তাৰ মনত পৰি গ'ল। তাই শহুৰ শাহুয়েকৰ ঘৰলৈ অহাৰ সাতদিনো হোৱা
নাছিল। তাই অনিমেষক কৈছিল- ড্রয়িংৰোমটো একেবাৰে খালী পৰি আছে,
ছোফা-ছেট একো নাই। কোণত কাঠৰ এখন পালেং আৰু তিনিখন চকী পৰি আছে। ছিঃ
ছিঃ! তোমাৰ বন্ধুসকলে দেখিলে কি বুলি ক’ব!
পুতেকৰ বন্ধুসকল অহাৰ আগতেই ৰামকৃষ্ণ
বাবুই ছোফা-ছেট কিনি আনিছিল। অৱসৰৰ পাছত সি যি টকা পাইছিল, সকলো ফিক্সড্ ডেপ’জিট
কৰি থৈছিল। সম্ভ্ৰান্ত ঘৰৰ লগত সমন্ধ হোৱাৰ কাৰণে সেই টকাৰ আধাৰো অধিক বিয়াৰ সময়ত খৰচ
হৈ গৈছিল। অনিমেষৰ শহুৰেকে নিজৰ ফালৰপৰা যৌতুক দিয়াৰ কাৰণে উদ্যোগ লৈছিল যদিও
ৰামকৃষ্ণ বাবুই নিষেধ কৰিছিল। সি নিজৰ জীৱনত বহু কষ্ট কৰিছে, সেই
বুলি কাৰো আগত হাত পতা নাই। সি অভাৱৰ মাজত থকাটোকে পছন্দ কৰিছিল, কিন্তু সেইভাবে
কাৰো ওচৰত কোনো বস্তু খুজিবলৈ ইচ্ছা নকৰিছিল। তাৰ ঘৈণীয়েকে কৈছিল- সকলো টকা-পইচা অনিৰ
বিয়াত খৰচ কৰিলে আমাৰ বিপদ-আপদ হ’লে তেতিয়া কি কৰিব? ৰামকৃষ্ণ
বাবুই পত্নীক মনে মনে থাকিবলৈ ইংগিত কৰি কৈছিল- ইমান যোগ্য পুতেক থকাৰ পাছত
আমাৰ আৰু কি বস্তুৰ প্ৰয়োজন হ’ব কোৱাচোন? আমাৰ বেমাৰ-আজাৰ হ’লে
পুতেক-বোৱাৰীয়ে আমাক নাচাব জানো? আমাৰ কাৰণে ঔষধ-পাতি কিনি নিদিব জানো?
তোমাৰ মানসিকতালৈ চাই তোমাৰ প্ৰতি মোৰ কৰুণা হৈছে!
সম্ভৱতঃ সিদিনা ৰামকৃষ্ণ বাবুৰ কথাৰ
প্ৰতি বিষ্ণুপ্রিয়াৰ বিশ্বাস ওপজা নাছিল। যাৰ বাবে পুতেক অহাৰ কথা শুনিয়ে তাইৰ
মনত আনন্দই নধৰা হৈছে। বহু কিবা-কিবি কৰাৰ পাছতো যেতিয়া মন নভৰিল তেতিয়া উভয়ে
নিশ্চিত কৰিলে যে, যিয়েই নহওঁক কিয়, নিজৰ
পুতেক-বোৱাৰীয়েকৰ কোনো ধৰণৰ অসুবিধা সিহঁতে হ’বলৈ নিদিয়ে।
সিহঁত আয়োজনত ব্যস্ত হৈ পৰিল। পোষ্ট অফিচৰ পৰা টকা উলিয়াই বাথৰোমত
টাইলচ্ লগোৱা হ'ল। ফ্ৰীজ আৰু নতুন ছোফা-ছেট অনা হ'ল। চাওঁতে
চাওঁতে সমগ্ৰ টকা খৰচ হৈ গ'ল। ইয়াৰ পাছতো ৰামকৃষ্ণ বাবুই ‘উঃ’
পর্যন্ত উচ্চাৰণ নকৰিলে । আমাৰ পুতেক এ, ডি, এম
হৈ এইখন চহৰলৈ আহিব। কিমান ডাঙৰ ডাঙৰ বিষয়া আমাৰ ঘৰলৈ অহা-যোৱা কৰিব। শেষ
মুহূৰ্তত পুতেকৰ মান- সন্মানৰ প্ৰতি চকুতো ৰাখিব লাগিবই!
অনিমেষ অহাৰ দিন ওচৰ চাপি অহাৰ লগে লগে
ৰামকৃষ্ণ বাবুৰ উৎসাহ উত্তোৰৰ্ত্তৰ বৃদ্ধি পাবলৈ ধৰিলে। প্রতিদিনে কিবা নহয়
কিবা মনত পৰি যায়। সিদিনা হঠাৎ কাটা-চামুচ, কটাৰী, কাপ-প্লেটৰ
কথা মনত পৰি গ'ল। লগে লগে সেইবোৰ কিনি আনিলে। এইদৰে প্ৰায় সকলো প্রয়োজনীয়
বস্তুই কিনা হৈ গ'ল। ড্ৰয়িংৰোমৰপৰা শোৱনি কোঠালৈকে দুৱাৰ
খিড়িকিত নতুন পর্দা লগোৱা হ’ল। দুৱাৰৰ
সন্মুখত পাৰি থোৱাৰ কাৰণে ভালতকৈও ভাল পাদানী অনা হ’ল। সমগ্ৰ ঘৰ
নতুনকৈ ৰং কৰা হ'ল। সিহঁতৰ ব্যস্ততালৈ চাই এনেকুৱা উপলব্ধি
হ’বলৈ ধৰিলে যেন পুতেকৰ বিয়াৰ আয়োজনহে কৰি আছে।
সকলো কাম-কাজ সম্পূৰ্ণ কৰাৰ পাছত এদিন
ৰামকৃষ্ণ বাবুই বিষ্ণুপ্রিয়াক মনত পেলাই দিবলৈ ক'লে- শুনাচোন,
অনিয়ে কি কি খাবলৈ ভাল পায়, সকলো মনত আছোতো?
নাই নাই, তুমি যাতে পাহৰি নোযোৱা তাৰ কাৰণে মনত পেলাই
দিলো। যি
বস্তুৰ প্ৰয়োজন হ’ব মোক ক’বা, মই
বজাৰৰপৰা লৈ আনিম।
বিষ্ণুপ্রিয়াই হাঁহি মাৰি ক'লে-
আৰে বাহ! তুমি তাক জন্ম দিছা, নে মই দিছো? মই কেনেকৈ
পাহৰিম? মোৰ হাতৰ তৈয়াৰী সকলো বস্তু অনিৰ পছন্দ। কিন্তু বোৱাৰীৰ
ঠিক ইয়াৰ বিপৰীত, চাহাবী খানা পছন্দ। সেয়া মোৰ আয়ত্বৰ ভিতৰত নহয়৷
তুমি সকলোবোৰ আনি ৰাখি দিয়া। অনিয়ে যেনেকৈ ক’ব, মই
তেনেকৈয়ে ৰান্ধি দিম বাৰু।
ৰামকৃষ্ণ বাবুই পত্নীৰ কথা সমর্থন
কৰিলে।
পুতেক-বোৱাৰী অহালৈ দুদিন বাকী আছিল।
দোক-মোকালি কিছু সময়ৰ কাৰণে প্ৰাতঃভ্ৰমণ লৈ ওলাই নগ’লে ৰামকৃষ্ণ বাবুৰ
শৰীৰ সতেজ নহয়। সেয়ে সিদিনা ৰামকৃষ্ণ বাবুই ছতিডাল লৈ প্ৰতিদিনৰ দৰে পুৱা চাৰে
পাঁচ বজাত প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই আহিল।
ঘৰলৈ ওভতাৰ বাটত বিয়ৈৰ খুলশালিয়েক
ৰমানাথৰ লগত হঠাৎ সাক্ষাৎ হৈ গ'ল। একেবাৰে হঠাৎ মুখা-মুখি নহ'লে নেদেখাৰ
ভাওজুৰি পাৰ হৈ গ'লহেঁতেন। হঠাৎ সাক্ষাৎ হোৱাৰ কাৰণে সি মনে মনে
কৈ উঠিল- হে’ প্রভু, ঠিক নাই আজিৰ দিনটো কেনেকৈ পাৰ হয়!
ৰমানাথ বাবুই ক’লে- সকলো
ঠিকে-ঠাকে চলিছেনে বিয়ৈ? শুনিলো, অনিমেষ হেনো
ভুৱনেশ্বৰলৈ বদলি হৈছে। ইয়াৰে এ, ডি, এম
হৈ হেনো আহি আছে। পদোন্নতি হৈছে। সেয়াও এ, ডি, এম,
বাহ্! আপোনাৰ সন্মানতো বহু বাঢ়ি গ’ল, বিয়ৈ
!
ৰামকৃষ্ণ বাবুই গৌৰৱ অনুভৱ কৰি ক'লে-
সকলো ওপৰৱালাৰ কৃপা, বিয়ৈ। আপোনালোকৰ আশীৰ্বাদ আছে কাৰণেইতো সি
ইমান উন্নতি কৰিব পাৰিছে।...
এৰা, ভিনদেৱে কৈ আছে
যে, নতুন পদ, নতুন ঠাই, তদুপৰি ইমান
ডাঙৰ দায়িত্ব। আৰম্ভণিৰ পৰা সাৱধানে চলিব লাগিব।অকনমান ঢিলা দিলেই মানুহবোৰে ব্ৰহ্মৰাক্ষসৰ
দৰে জঁপিয়াই পৰিব।
পুতেকৰ সম্পৰ্কে কথা-বতৰা হৈ আছিল ।
ফলত ৰামকৃষ্ণ বাবু কিছু বিচলিত হৈ উঠিল। ক’লে-এৰা, কিন্তু বিয়ৈ
থাকোঁতে তাৰ
কোনো অসুবিধা নহয়৷ তদুপৰি আপুনিওতো আছেই। আপোনাৰ হাততো বহু দূৰলৈকে প্ৰসাৰিত।
ৰামকৃষ্ণ বাবুৰ কথা শুনি ৰমানাথ বাবুই
জোৰে জোৰে হাঁহিবলৈ ধৰিলে। শিক্ষকে যেনেকৈ ছাত্ৰক আশ্বাস দিয়ে তেনেকৈ ক’লে-
অনিমেষক আহিবলৈ দিয়ক.... প্রয়োজনত মইতো আছোৱে। মন্ত্ৰী মোৰ নিজৰ মানুহ।
ঘৰলৈ অহাৰ কাৰণে ৰামকৃষ্ণ বাবু উপিচাই
থকা দেখি ৰমানাথ বাবুই ক’লে- এনেয়েও ভিনদেউ সকলো ব্যৱস্থা কৰিবলৈ
লাগি আছে। কোনো ধৰণৰ অসুবিধা নহয়। চীফ ছেক্ৰেটাৰীক কৈ জোঁৱায়েকৰ কাৰণে ভালৰো ভাল
কোৱাৰ্টাৰৰ ব্যৱস্থা
কৰিছে। কৈ আছে, চৰকাৰী কোৱাৰ্টাৰলৈ যোৱাৰ আগতে আঠ দহদিন
জোঁৱায়েকক নিজৰ ঘৰতে ৰাখিব । দুই তিনিদিন হ’ল, জোঁৱায়েক
অহাৰ খবৰ শুনি নতুন ‘মাৰুতি জেন’ এখন কিনি আনিছে,
ল’ৰা-ছোৱালীহালে যাতে নতুন গাড়ীত উঠি ফুৰিব
পাৰে। সিহঁত ঘৰলৈ অহাৰ আগতে মহাপ্রভুক দৰ্শন কৰিবলৈ যাব।
পাছৰ কথাবোৰ ৰামকৃষ্ণ বাবুৰ কাণত
নুসোমাল। বাৰে বাৰে মাথোন এষাৰ কথাই তাৰ কাণত বাজিবলৈ ধৰিলে যে, পুতেক
আৰু বোৱাৰীয়েক অহাৰ পাছত বিয়ৈৰ ঘৰতে থাকিব।
ৰমানাথ বাবুৰ কথাবোৰ আওকাণ কৰি সি ঘৰৰ
ফালে খোজ ল’লে ঠিকেই, কিন্তু মনৰ মাজত
থিতাপি লোৱা দুঃশ্চিন্তাৰ পৰা হাত সাৰি থাকিব নোৱাৰিলে ৷
পুতেক-বোৱাৰীয়েকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সি যিমান অধিক
কৰা সম্ভৱ তাতোকৈ অধিক কৰিছে; কিন্তু মাৰুতি জেন তাৰ সাধ্যৰ বাহিৰত।
পুতেক নিজৰ ঘৰত নাথাকি কোৱাৰ্টাৰত থাকিব? এইবোৰ কথা ভাবি ভাবি
ৰামকৃষ্ণ বাবুই ঢলং-ঢপংকৈ ঘৰৰ ফালে আহি থাকিল৷ এবাৰ হঠাৎ পৰি যোৱাৰপৰা সি কোনোমতে
নিজক ৰক্ষা কৰিলে- ছাতিডালত ভৰ দি নিজক চম্ভালিলে। নহ'লে জানো কি হ'লহেঁতেন!
তাৰ মন খুবেই উদাস হৈ উঠিল। ৰাতিপুৱাৰ সকলো সজীৱতা যেন বিলীন
হৈ গ'ল।
বিষ্ণুপ্রিয়াই দুৱাৰ মুখত ৰৈ গিৰিয়েক
অহালৈ বাট চাই আছিল। গিৰেয়েকৰ শেঁতা বিধ্বস্ত চেহেৰালৈ চাই তাই চিন্তিত হৈ উঠিল-
কি হ’ল?, গা ভাল নহয় নেকি? মই নকওঁনে ইমান
ৰাতিপুৱা কিয় ওলাই যায়? দুই এদিন নগ’লে মূৰত সৰগ
ভাঙি পৰিব
নেকি?
ৰামকৃষ্ণ বাবুই ছাতিডাল বেৰৰ লগত
আঁউজাই থৈ ওচৰত থকা চকীখনত বহি পৰিল। কেইটামান এটা শব্দও বাহিৰ নহ'ল ।
বিষ্ণুপ্রিয়াই ততাতৈয়াকৈ গিৰিয়েকক পানী এগিলাচ আনি দিলে।
একে উশাহে পানী শেষ কৰি ৰামকৃষ্ণ বাবুই
লাহে লাহে ক'লে- গা ঠিকেই আছে; কিন্তু মূৰটো
ঘূৰাই আছে। মন বৰ বিচলিত হৈ উঠিছে। কোনো দামী বস্তু হেৰুৱাৰ পাছত
মনটো যিদৰে উৰুঙা উৰুঙা লাগে, ঠিক তেনেকুৱা উপলব্ধি হৈ আছে। তাৰপৰা
পৰিত্ৰাণ পোৱাৰ কোনো উপায় ভাবি উলিয়াব পৰা নাই। ৰমানাথ বাবুক দেখাৰ লগে লগে মই
বুজিব পৰিছিলো যে, আজি কিবা নহয় কিবা অনিষ্ট হ’বই!
পুৱাই পুৱাই তাৰ লগত দেখা কৰাৰ কি
প্রয়োজন আছিল? বিষ্ণুপ্রিয়াই অভিযোগৰ সুৰত ক’লে।
মই কিবা তাৰ ওচৰলৈ উপযাচি গৈছিলো নেকি?
তাৰ লগত হঠাৎ ৰাস্তাৰ মাজত দেখা হৈ গৈছিল। আৰু সি যি ক’লে শুনিলে
সকলোৰে মূৰ টন্টনাই উঠিব।
এনেকুৱা কি ক’লে সি?
পুতেক-বোৱাৰী অহাৰ পাছত হেনো বিয়ৈহঁতৰ
ঘৰতে থাকিব। বিয়ৈ সিহঁতৰ কাৰণে মাৰুতি জেন এখনো কিনিছে হেনো।
বিষ্ণুপ্রিয়া স্তব্ধ হৈ গ'ল।
কিছু সময় উভয়ৰ মুখৰপৰা এটা শব্দও নোলাল।
অনিমেষ আহি প্ৰথমতে মাক-দেউতাকৰ ভৰি
চুই প্রণাম কৰিলে। সিহঁতৰ আশীৰ্বাদ ল’লে। পাছত কাষত বহি ক'লে- দেউতা,
মই পোনে পোনে ইয়ালৈ আহিছো। ইন্দুই ল’ৰা-ছোৱালীহাল লৈ
মাক-দেউতাকৰ ঘৰলৈ গৈছে। পাছত আহিব।
কোটি টকীয়া সম্পত্তি পোৱাৰ আনন্দত
বিভোৰ হৈ বিষ্ণুপ্ৰিয়াই ক’লে- অনি, তই খুবেই
খীণাইছ। তোৰ গা ঠিকে-ঠাকে আছেতো?
আছে মা। এইদৰে মাকক আশ্বস্ত কৰাৰ পাছত
অনিমেষে মাক-দেউতাকৰ কুশল-বাতৰি ল'লে আৰু শেষত ক’লে- দেউতা,
এডিএমৰ কাৰণে এটি আচুতীয়া কোৱাৰ্টাৰ আছে। তাত থাকিলে অফিচৰ কাম-কাজত
সুবিধা হ’ব। গতিকে ভাবিছো, তাত থকাই উচিত হ’ব। এতিয়াতো
এইখন চহৰতে থাকিম, গতিকে যেতিয়া ইচ্ছা তেতিয়াই অহা-যোৱা কৰিব
পাৰিম। সুযোগ-সুবিধা
বুজি আপোনালোকেও তালৈ গৈ থাকিব পাৰিব।
কিন্তু এতিয়া জানো তই বিয়ৈহঁতৰ ঘৰত
থাকিবি?
হয়, বৰকৈ কৈ আছে,
গতিকে মানা কৰিব নোৱাৰিলো। ইন্দুও দুবছৰ ধৰি মাক-দেউতাকৰ ঘৰলৈ
আহিবপৰা নাই। যেতিয়ালৈকে নতুন কোৱাৰ্টীৰ আচবাব পত্ৰৰে সজাব
নোৱাৰিম, তেতিয়ালৈকে তাই তাতে থকাই সুবিধা হ’ব। সিহঁতৰ গাড়ী আছে। সেয়ে মোৰ অফিচলৈ
যোৱাও সুবিধা হ’ব। গোল্ডীকো স্কুলত নাম ভৰ্ত্তি কৰি দিব লাগিব।
শহুৰ দেউতাই কৈছে যে, এইবোৰ দায়িত্ব তেওঁ নিজেই চম্ভালিব।
আৰু অধিক প্রশ্ন সোধাটো উচিত নহ’ব
বুলি ভাবিলে ৰামকৃষ্ণ বাবুই। বিষ্ণুপ্রিয়াইও একো নুসুধিলে। ঘৰটো ঘূৰি-পকি চোৱাৰ
পাছত অনিমেষে ক’লে-দেউতা, ইমান টকা খৰচ
কৰাৰ কি প্রয়োজন আছিল?
ৰামকৃষ্ণ বাবুই ক’লে-
তোমাক মানুহ কৰা আৰু কুনিক বিয়া দি উলিয়াই দিয়াৰ কাৰণে মোৰ জীৱনৰ সৰ্বস্ব
উছৰ্গা কৰিছো।
তোমালোক সুখী হলেই হ’ল। তোমালোকক সুখী কৰাটোৱে মোৰ জীৱনৰ সাধনা
আছিল। তোমালোক সুখী হৈছা যেতিয়া বেংক বেলেঞ্চ নাথাকিলে কি আহে যায়!
বিষ্ণুপ্রিয়াই এখন কাঁহীত কেইটামান
পিঠা আনি অনিমেষক খাবলৈ দিলে; কিন্তু অনিমেষে সেইবোৰ হাতেৰে চুইও নাচালে।
ক’লে- মা, জলপান কৰিয়ে আহিছোঁ। ল'ৰা-ছোৱালীহালক
শহুৰহঁতৰ তালৈ থ’বলৈ যাওঁতে সিহঁতে ইমান বস্তু খাবলৈ
দিছিল যে, কোনটো এৰোঁ কোনটো খাওঁ থিৰাং কৰাই টান হৈ পৰিছিল। এতিয়া পেটত অকনো
ঠাই নাই। পাছত আহি কেতিয়াবা খাই যামহি।
ৰামকৃষ্ণ বাবুই পুতেকক নঙলামুখলৈকে
আগবঢ়াই থৈ উদাস মনেৰে উভতি আহিল। বিষ্ণুপ্রিয়াই বৈ পৰা চকুপানী লুকুৱাই
ভিতৰৰ কোঠালিলৈ গুচি গ'ল।
বিয়াৰ সাতদিন আগত অনিমেষক আশীর্বাদ
দিবলৈ পৰশুৰাম নায়েক খুলশালি ৰমানাথৰ সৈতে ৰামকৃষ্ণ বাবুহঁতৰ ঘৰলৈ
আহিছিল। বিয়া ধুমধামেৰে অনুষ্ঠিত হৈছিল। তেতিয়া খোৱাৰ সময়ত প্ৰসংগক্ৰমে ৰমানাথ
বাবুই কৈছিল- পৰশুৰাম বাবুৰ ছোৱালীৰ ভাগ্য ভাল যে, তাই
আপোনাৰ ঘৰৰ বোৱাৰী হ'ব পাৰিছে।
তেতিয়া ৰামকৃষ্ণ বাবুই ৰমানাথ বাবুৰ
কথাত আপ কৰি কৈছিল- বিয়ৈ মহাশয়, ৱাৰীৰ ৰূপত নহয়, ছোৱালীৰ ৰূপতহে
গৃহলক্ষ্মী গৃহত প্ৰৱেশ কৰিব। মোৰ ল’ৰাৰ ভাগ্য ভাল যে, আপোনালোকৰ
দৰে শহুৰেকহঁতক পাব।
ৰমানাথ বাবু তৎক্ষণাৎ সুযোগ বুজি ওলোটা
খৰ মাৰিছিল- ছোৱালীয়ে হওঁক আৰু ল’ৰাই হওঁক, আজি-কালি ছোৱালী আৰু
ল’ৰাৰ মাজত কোনো পার্থক্য নাই। ইন্দু ভিনদেউৰ একমাত্ৰ ছোৱালী। গতিকে
জোঁৱাই, ল’ৰা হৈ ভিনদেউহঁতৰ ঘৰতে থাকিব। হয় বিয়ৈ মহাশয়, তেতিয়া
কিন্তু আপুনি কোনো ধৰণৰ বিৰোধিতা কৰিব নোৱাৰিব।
কথা যাতে আৰু অধিক আগনাবাঢ়ে তাৰ বাবে
পৰশুৰাম বাবুই কথা সিমানতে সামৰিবলৈ কৈছিল-সিহঁতৰ য'ত মন যায়
ত’তে থাকিব। ইয়াত
মোৰ কি আহে যায় ! সিহঁতহাল সুখেৰে থাকক, সিহঁতে আটায়েৰে আশীৰ্বাদ লাভ কৰক,
এয়াই মোৰ প্রার্থনা।
সিদিনা আৰু আজিৰ মাজত বহু সময় সলনি হৈ
গৈছে। মাথোন সিহঁতে সলনি হ’ব পৰা নাই। চকুৰ আগতে পৃথিবীখন কিমান
বাৰ সলনি হ’ল। এতিয়া তাৰ বিশ্বাস ওপজি গৈছে যে, বোৱাৰী
কেতিয়াও ছোৱালী হ'ব নোৱাৰে, অৱশ্যে জোঁৱাই পুতেক
হ’ব পাৰে।
তাৰ ধাৰণা হ’ল, অনিমেষ
তাৰ হাতৰ মুঠিৰপৰা ওলাই গৈছে। নাযাবনো কিয় ? শিক্ষকৰ পুতেক
হিচাপে পৰিচয় দিয়াতকৈ এজন উচ্চ পদাধিকাৰীৰ জোঁৱায়েক বুলি পৰিচয়
দিলে যি সন্মান পোৱা যায়, সেয়া এতিয়া অনিমেষে উপলব্ধি কৰিব পাৰিছে।
ৰামকৃষ্ণ বাবুৰ চকুযোৰ সজল হৈ উঠিল ৷ সি নিজকে নিজে ক’লে--এই জীৱনত সি
কিমানৰ ল’ৰাক মানুহ হিচাপে গঢ়ি তুলিলে, অথচ সি নিজৰ
পুতেককে মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰিলে। মাথোন ডাঙৰ চাকৰি কৰিলেই মানুহ হৈ নাযায়,
মানুহ হোৱাৰ কাৰণে মন আৰু হৃদয় দুয়োটা ডাঙৰ হোৱা প্ৰয়োজন।
ৰামকৃষ্ণ বাবু এতিয়া ৰাতিপুৱা মুকলি
বতাহ ল’বলৈ বাহিৰলৈ নাযায়। আচলতে তাৰ ক'লৈকো যাবলৈ
ইচ্ছাই নাযায়। মন ভাগি যোৱাৰ লগে লগে বহু বছৰৰ পুৰণি অভ্যাসো
ভাগি গৈছে। ওপৰে ওপৰে দেখিবলৈ ধুনীয়া নৈৰ পাৰৰ মাটি হঠাৎ তললৈ খহি পৰাৰ দৰে তাৰ হৃদয়খনো খহি
পৰিছে।
বিষ্ণুপ্রিয়াৰ আঁঠুৰ বিষ পুনৰ উক্ দি
উঠিল। পুতেক-বোৱাৰীয়েক চৰকাৰী কোৱাৰ্টাৰলৈ যোৱাৰ সাতদিন সম্পূর্ণ হ’ল।অধিক
কামৰ দোহাই দি অনিমেষ মাক-দেউতাকক মাজে-সময়ে চাই যায়। সিহঁতক এবাৰৰ কাৰণেও
চৰকাৰী কোৱাৰ্টাৰলৈ মাতিবলৈ সময় পোৱা নাই বোৱাৰীয়েকে। অৱশ্যে
অনিমেষৰ আজ্ঞা মানি বোৱাৰীয়েকে মাথোন এবাৰ ফোনত ঘৰ সলনিৰ খবৰ শহুৰ শাহুৱেকক দিছিল।
অনিমেষৰতো অৱসৰে নাই। ৰাতিপুৱাৰ জলপান
আৰু ৰাতিৰ আহাৰ সাজ সি কোনোমতে কোৱাৰ্টাৰত খাব পাৰে। ৰাতি ক'ৰবাৰ নহয় ক'ৰবাৰ
পৰা ডিনাৰৰ নিমন্ত্ৰণ আহেই। ফলত পতি-পত্নী উভয়ে প্ৰায়ে বাহিৰৰপৰা খাই ঘৰলৈ ওভতে।
ঘৰলৈ ওভতোঁতে
বহু ৰাতি হৈ যায়। লাঞ্চৰ সময়ত সি প্ৰায়ে শহুৰেকহঁতৰ তালৈ যাব লগা হয়। কাৰণ সি
অফিচলৈ যোৱাৰ পাছত ইন্দু মাক-দেউতাকহঁতৰ ঘৰলৈ গুচি যায় আৰু
অফিচৰপৰা ওভতাৰ সময়ত অনিমেষে তাইক লগত লৈ ঘৰলৈ ওভতে। ইফালে পুতেকেও বিদ্যালয়ৰপৰা আহি
আতা-আবুয়েকহঁতৰ ঘৰতে থাকে। কেতিয়াবা কেতিয়াবা এঘণ্টা বা আধা ঘণ্টাৰ কাৰণে
অনিমেষ আটায়েকে লৈ মাক-দেউতাকহঁতৰ লগত দেখা কৰোৱাবলৈ লৈ আহে ৷ তেতিয়া
নাতি-নাতিনীয়েকে সাধুকথা শুনিবলৈ আইতাকৰ ওচৰত বহিলে ইন্দুই কয়-
আই, এওঁলোকক ভূত-প্রেত অথবা ডাইনীৰ কাহিনী নুশুনাব। এইবোৰ শুনিলে ল’ৰালিৰে
পৰা এওঁলোকৰ মনত অন্ধবিশ্বাস গা কৰি উঠিব। যদি আপুনি কোনো ইংলিচ ষ্টোৰী যেনে-
জোৱান অৱ আৰ্ক, ফ্লোৰেন্স নাইটেংগল অথবা আলেকজেণ্ডাৰৰ কাহিনী
জানে সেইবোৰ জৰুৰ শুনাব। তেতিয়া এওঁলোকে কিছু শিকিব পাৰিব।
বোৱাৰীয়েকৰ মুখত এনেকুৱা কথা শুনি
বিষ্ণুপ্রিয়াই কোনো ধৰণৰ উত্তৰ দিব নোৱাৰে। সেয়ে প্ৰসংগ সলনি কৰি নাতি- নাতিনীয়েকক
কয়- বহাহি, মই তোমালোকক কুলি আৰু কাউৰীৰ কাহিনী শুনাও,
আহা।
ৰামকৃষ্ণ বাবুৰ মনত বাৰে বাৰে এটা
প্রশ্ন উদয় হয়, সম্ভৱতঃ তাৰ বিচাৰ ধাৰাই বহু পুৰণি। আধুনিক
যুগৰ চাল-চলনৰ সন্মুখত তিষ্ঠিব নোৱাৰি পুৰণি দিনৰ কথা পাতাললৈ
সোমাই গৈ হয়তো ফচিলৰ ৰূপ ধাৰণ কৰিছে।
ৰাতিপুৱাৰ চাহ খোৱাৰ পাছত
বিষ্ণুপ্রিয়াই ক'লে- নিজৰ বিষয়ে তোমাৰ একো মনত নাথাকিলেও ল’ৰা-ছোৱালীহালৰ বিষয়ে
তুমি একোকে পাহৰি নোযোৱা। আজি অনিৰ বিয়াৰ বাৎসৰিক দিন। তোমাৰ মনত নাই জানো?
বিষ্ণুপ্রিয়াই কোৱাৰ পাছত ৰামকৃষ্ণ
বাবুৰ কথাটো মনত পৰি গ'ল। অনিমেষৰ বিয়াৰ সাত বছৰ পূৰ্ণ হৈছে। আজি
অষ্টম বর্ষ
সম্পৰ্ণ হ’ব । আজি-কালি ল'ৰা-ছোৱালীয়ে বিবাহৰ বর্ষপূর্তি উৎসৱ
পালন কৰে। তেওঁলোকৰ সময়ততো বিয়াৰ বিষয়েকথা পাতিবলৈকে লাজ লাগিছিল। তেওঁ ক'লে-
আৰে, সঁচাইতো! মইতো পাহৰিয়ে গৈছিলো। ভাল হ’ল, তুমি
মনত পেলাই দিয়াৰ
কাৰণে৷ মন্দিৰলৈ গৈ পূজা কৰি আহিব লাগিব। ব’লা, সোনকালে
সাজু হৈ লোৱা।
পতি-পত্নী দুয়ো ৰাম মন্দিৰলৈ আহিল।
অনিমেষৰ মংগলৰ কাৰণে প্রার্থনা কৰিলে। পুতেক আৰু বোৱাৰীয়েকৰ বিবাহিত জীৱনৰ
সুখ-সমৃদ্ধি কামনা কৰিলে। ভগবানৰ চৰণত অঞ্জলি দিয়া ফুল আৰু তুলসী পাত
বিষ্ণুপ্রিয়াৰ হাতত দি পণ্ডিতে আশীর্বাদ দিলে। তাই পুতেক-বোৱাৰীয়েকৰ
কাৰণে সেইবোৰ আঁচলত বান্ধি ল’লে। মন্দিৰৰ পৰা ওভতাৰ সময়ত ৰামকৃষ্ণ বাবুই
ক’লে- আজি আৰু ক'লৈকো নাযাওঁ। অনি কেতিয়া ঘৰলৈ আহে তাৰ
ঠিকনা নাই।
সিহঁতৰ কাৰণে খোৱা-লোৱাৰ কিবা ব্যৱস্থা
কৰা। ৰামকৃষ্ণ বাবুই নিজৰ পত্নীক ক'লে।
বিষ্ণুপ্ৰিয়াৰ মনত আছিল, পুতেক-বোৱাৰীয়েক
আৰু নাতি-নাতিনীসকলৰ কাৰণে তাই সিহঁতৰ পচন্দৰ কি কি খোৱা বস্তুতৈয়াৰ কৰিব লাগিব।
অনিৰ ল’ৰা গুল্টিৰ পচন্দ তাৰ দেউতাকৰ দৰেই। সি নাৰিকলৰ পিঠা বৰ ভালপায়।
ইন্দু আকৌ ডাঙৰ ঘৰৰ ছোৱালী, তাইৰ কাৰণে কেক্
আৰু কাজু বাদাম হ’লেই চলি যাব।
সিদিনা ৰামকৃষ্ণ বাবু ক’লৈকো
নগ'ল। ৰাস্তাত গাড়ীৰ হৰ্ণৰ শব্দ শুনিলেই তেওঁ দৌৰি দৰজাৰ কাষলৈ আহি
থিয় দিয়ে, জানোচা, পুতেক-বোৱাৰীয়েক
আহিলেই! এইদৰে ভিতৰ-বাহিৰ কৰি কেতিয়া সন্ধিয়া হৈ গ'ল তেওঁ গমকে
নাপালে।
ৰামকৃষ্ণ বাবুই পত্নীক ক'লে-
কিয়, অনিতো নাহিল? সি এবাৰৰ কাৰণে ফোনো নকৰিলে দেখোন। পুতেক
নহাৰ কাৰণে তেওঁ খুবেই দুখ অনুভৱ কৰি আছিল। বিষ্ণুপ্রিয়াই এই কথা ভালদৰেই উপলব্ধি
কৰি আছিল। কিন্তু কি কৰিব পৰা যায় এতিয়া! এই সংসাৰত থাকিব
লাগিলে সাংসাৰিক দুখতো সহ্য কৰিবই লাগিব। ল’ৰা-ছোৱালীয়ে
মাক- দেউতাকক
নুসোধেতো নুসোধক, কিন্তু মাক-দেউতাকেতো সিহঁতক পাহৰি থাকিব
নোৱাৰে।
বিষ্ণুপ্রিয়াই ৰামকৃষ্ণ বাবুৰ ওচৰলৈ
আহি ক’লে- এতিয়া আপুনি কি ভাবিছে? হাতী জংঘলত থাকিলেওতো শেষত ৰজাৰ হাতী
বুলিয়ে ক’ব। মই এষাৰ কথা ক'ব খুজিছো, শুনিব নেকি?
কোৱাচোন আগতে....
হয়তো অনি কিবা কামলৈ ব্যস্ত হৈ আছে,
যাৰ কাৰণে আহিব পৰা নাই; কিন্তু আমিতো যাব পাৰো। মই যি
কিবা-কিবি বনাইছো,
ব’লক, সেইবোৰ লৈ গৈ সিহঁতক আশীর্বাদ দি
আহোগৈ।
দৰাচলতে ৰামকৃষ্ণ বাবুই মনে মনে ইয়াকে
ভাবি আছিল। পত্নীয়ে বেয়া পাব পাৰে বুলি ভাবি তেওঁ সেয়া প্ৰকাশ কৰা নাছিল
৷ সন্ধিয়াৰ প্ৰয়োজনীয় কামবোৰ শেষ কৰি ল'ৰা-ছোৱালীৰ কাৰণে যি প্ৰস্তুত কৰিছিল,
সেয়া দুটা টিফিন বাকচত ভৰাই বিষ্ণুপ্রিয়া পুতেকৰ ওচৰলৈ যোৱাৰ
কাৰণে সাজু হ’ল। দেৱাল ঘড়ীলৈ চকু যোৱাত দেখিলে, আঠ
বাজি গৈছে। ৰিক্সাৰে যাবলৈ হ'লে তিনি নম্বৰৰ
পৰা ফ’ৰেষ্ট পাৰ্কলৈ প্রায় আধা ঘণ্টাৰ ৰাস্তা। ঠিক খোৱা-লোৱাৰ সময়তে তালৈ
গৈ পাবহি। এইদৰে
ভাবি দুয়ো সোনকালে যাবলৈ ওলাল।
ৰামকৃষ্ণ বাবুই ৰিক্সা মাতিলে আৰু ফ’ৰেষ্ট
পাৰ্কলৈ যাবলৈ ক'লে। ইয়াৰ মাজতে ৰাস্তাৰ দুয়োকাষৰ দৃশ্য বহু
সলনি হৈ গৈছে।
ৰাস্তাৰ দুকাষে খালী পৰি থকা মাটি চৰকাৰে নিজৰ দখললৈ নিছে। ৰামকৃষ্ণ বাবুই
ভুৱেনশ্বৰলৈ অহাৰ সময়ত তিনি মহলীয়া অট্টালিকা মুঠেই নাছিল। কিন্তু
এতিয়াতো সাত মহলীয়া আঠ মহলীয়া অট্টালিকাও নির্মাণ হৈছে। ৰাস্তাৰ দুকাষে ডাঙৰ
ডাঙৰ হোটেল, দোকান বজাৰ সকলো জমকীয়া.…..….চিক্চিকীয়া।
ৰিক্সা ফ’ৰেষ্ট পার্ক
পালে। অনিমেষ সাত নম্বৰ বঙলাত থাকে। গেটৰ বাহিৰত বহুতো গাড়ী পার্ক কৰা আছিল। ৰঙা, নীলা
আৰু সেউজীয়া ৰঙৰ পোহৰেৰে বঙলাটো জক্মক্ কৰি আছিল। ৰামকৃষ্ণ বাবুই বঙলাৰ নম্বৰ
ভালদৰে নিৰীক্ষণ কৰিলে। নাই, ভুল হোৱা নাই,
ঠিকেই আছে। নম্বৰতো এয়াই। হয়তো ভিতৰত কিবা মিটিং চলি আছে। ডাঙৰ
চৰকাৰী বিষয়া।
মিটিং-চিটিংতো চলিয়ে থাকে। কোনো নামী-দামী মানুহ আহিছে হয়তো। সেয়ে ইমান গাড়ী।
ৰামকৃষ্ণ বাবুই মনে মনে ভাবিলে।
গে'ৰ্টৰ সন্মুখত
থিয় দি থকা চিপাহীয়ে ৰামকৃষ্ণ বাবুক ৰাস্তাৰ মাজৰ পৰা গাড়ী আঁতৰাবলৈ ক'লে-
দেখা নাই কিমান ডাঙৰ ডাঙৰ গেষ্ট আহি আছে? ৰাস্তাৰ
মাজত ৰিক্সা ৰাখিলে তেওঁলোকৰ কিমান অসুবিধা হ’ব! আটায়ে ডাঙৰ
ডাঙৰ পদবী থকা
চৰকাৰী বিষয়া।
ৰামকৃষ্ণ বাবুই চিপাহীজনৰ কাষলৈ আহি ক'লে-
কোন কোন আহিছে? আজি ইয়াত কি হৈ আছে?
চিপাহীজনে তেওঁৰ কথাত বিশেষ গুৰুত্ব
নিদিয়াকৈ ক'লে- দেখা নাই জানো কিমান গাড়ী থিয় হৈ আছে?
এই গাড়ীবোৰ দেখিও বুজিব পৰা নাই নেকি, যিসকল মানুহ আহি আছে আৰু যিসকল গৈ আছে,
কোনেও সাধাৰণ ব্যক্তি নহয়। আটায়ে ডাঙৰ
ডাঙৰ অফিচাৰ......…...আজি চাহাবৰ মেৰিজ এনিভাৰছেৰি।
ৰামকৃষ্ণ বাবুই নিজৰ পত্নীক ক'লে-
এই সময়ত ভিতৰলৈ সোমোৱাটো ঠিক নহ’ব। ব’লা উভতি যাওগৈ।
ভিতৰত পাৰ্টী চলি আছে। আজি অনিৰ বিবাহ বাৎসৰিক অনুষ্ঠান নহয়
জানো?
বিষ্ণুপ্রিয়াই ক’লে-
আমাক মাতা নাই যদিও এইদৰে দুৱাৰৰ পৰা উভতি যোৱাটো ঠিক হ’ব জানো? অনি
যেতিয়া এই বিষয়ে
জানিব, সি কি ভাবিব?
এতিয়া আৰু কি ভাবিব? সিতো
আগতেই ভাবিব লাগিছিল। আজিৰ এই বিশেষ দিনটোতো যে সি তাৰ মাক-দেউতাকক পাহৰি
যাব, এই কথা মই হজম কৰিব পৰা নাই।
ৰামকৃষ্ণ বাবুৰ বাষ্পাৰদ্ধ কণ্ঠস্বৰ
শুনি বিষ্ণুপ্রিয়াই ক’লে- আমিতো উভতি যাম, কিন্তু এই
বস্তুবোৰ! এইবোৰ ঘূৰাই লৈ যোৱাটো জানো ভাল হ’ব?
ৰামকৃষ্ণ বাবুই আগবাঢ়ি চিপাহীজনৰ
ওচৰলৈ আহি অনুৰোধৰ সুৰত ক’লে- ভাই, আমি গাঁৱৰ
মানুহ। বহু দূৰৰ পৰা আপোনাৰ চাহাবক আশীর্বাদ দিবলৈ আহিছিলো। ইমান
ডাঙৰ ডাঙৰ মানুহৰ সন্মুখত হয়তো আমাৰ উপস্থিতি তাৰ ভাল নালাগিব। সেয়ে আপুনি আমাৰ এটা কাম কৰক,
এই বেগ দুটা চাহাবৰ ঘৰলৈ পৌছাই দিয়ক।
চিপাহীজনৰ হাতত বেগ দুটা দি তেওঁলোক
ৰিক্সাত আহি বহিল। বিষ্ণুপ্রিয়াই নিজৰ কাপোৰৰ আঁচলেৰে চকুযোৰ মচি আজিৰ যুগৰ নতুন ৰশ্মিত জমকাই থকা অনিৰ
বঙলাৰ ফালে আঁতৰৰ পৰা বহু সময়লৈকে অপলক নয়নে চাই থাকিল।
(গণ সংবাদত প্রকাশিত)
সেই মানুহজন
প্রায় প্রতিদিনেই সি আহি থিয় দিয়ে।
আজিও আহি থিয় দিছে। মানুহজনে হাত দুখন বুকুৰ ওপৰত স্থাপন কৰি ৰাখিছে। গাত
চেণ্ডো গেঞ্জি আৰু চকুত বিতচকু। গাত নাতিদীর্ঘ কম্বল জাপি শীতকালীন ৰাতিপুৱাৰ
চিকুণ ৰ’দত বাহিৰলৈ ওলালে ওখ প্ৰাচীৰৰ সি প্ৰান্তত চকুত পৰে ওখ
ওখ কিছুমান গছ আৰু দুমহলীয়া অট্টালিকাৰ বাৰাণ্ডাৰ সেই মানুহজন। গছবোৰত চৰাইৰ
সভা বহে আৰু বাৰণ্ডাখনত সেই মানুহজন থিয় দি থাকে।
আজিও সেই মানুহজন থিয় দিছে। ইমান শীতৰ
মাজতো মানুহজনৰ শৰীৰ উদং। মানুহজনে চিগাৰেট হুপিছে। ৰ’দত চিগাৰেটৰ
ধোঁৱা চিক্মিক্ কৰিছে।
তিৰোতা মানুহ এজনীয়ে মানুহজনক চাহ আনি
দিলে। লাহে লাহে চাহ কাপ শেষ কৰি মানুহজনে ৰে'লিঙত আঁউজি থিয় হৈ
পুনৰ চিগাৰেট জ্বলালে।
কিছু সময় নিৰীক্ষণ কৰিলে আৱিষ্কাৰ কৰা
সম্ভৱ যে, বাৰাণ্ডাত থিয় হৈ মানুহজনে কটক চহৰৰ ছেপ্তেম্বৰৰ ৰাস্তাত চলাচল কৰা
পথচাৰীৰ প্ৰতি লক্ষ্য কৰি থাকে। ইমান ৰাতিপুৱাৰ ৰাস্তাত মানুহৰ অহা-যোৱা হয়তো
খুবেই সামান্য। চাহ দোকানৰ ভিতৰৰ পৰা কেঁচা কয়লাৰ অলস ধোঁৱা ওলাই
আহে। কোনোবাই হয়তো ঘোঁৰাৰ দানাৰ বস্তা মূৰত লৈ কেঁকো-জেকোকৈ খোজ কাঢ়িছে, কোনোবাই আকৌ
হয়তো ওচৰৰ পাণ দোকানৰ পৰা বিড়ি জ্বলাই ধোঁৱা উৰুৱাই ইফালে-সিফালে অহা-যোৱা কৰিছে।
মানুহজনে চিগাৰেটত সুখ টান মাৰি তললৈ
দলিয়াই দিলে। মুখৰ পৰা ভভক্কৈ নীলা ধোঁৱা এৰি পুনৰ বাৰাণ্ডাৰ ৰে’লিঙত
আঁউজি থিয় হৈ মানুহজনে তলৰ ফালে দৃষ্টি প্রাসাৰিত কৰিলে। মানুহজনে তলৰ ফালে কি
লক্ষ্য কৰি আছে? কোনো কাম-বন নাই নেকি মানুহজনৰ? এই
মাত্ৰ চাহ জলপান শেষ কৰিলে। এতিয়া কি কৰিব মানুহজনে? এই প্রাচীৰৰ বাহিৰৰ
পৃথিবীখন ইমান ব্যস্ত, ইমান চঞ্চল, ইমান
আমোদ-প্রমোদ অথচ মানুহজনে হাত-ভৰি গোটাই স্থানুৰ দৰে বাৰাণ্ডাত থিয়
হৈ মাথোন তলৰ ফালে চাই থাকে।
বাবু, চাহ। সীতাৰামে মোৰ
সন্মুখত চাহৰ কাপ ধৰি মাতিলে। আঃ কি আৰাম! অলসভাবে ৰ’দত বহি এঢোক
এঢোককৈ চাহৰ
সোৱাদ লোৱাৰ সুযোগ প্রত্যেক দিন পাওঁ; কিন্তু তথাপি যেন ক’ৰবাত
অসন্তুষ্টি ৰৈ থাকে। চাহৰ কাপৰ কাৰণে মই পইচা দিব নালাগে। কোনো ধৰণৰ পৰিশ্ৰমো কৰিব
নালাগে। তথাপি ধাৰণা হয়, শীতকালিৰ পুৱা লংপেণ্ট পিন্ধি, চুৱেটাৰ
গাত জাপি
চাইকেল চলাব পাৰিলে খুব ভাল লাগিলহেঁতেন। শীতৰ সতেজ বতাহৰ বুকু ফালি চাইকেল চলাই
গৈ অমৰা গ’লিৰ সতেজ চাহৰ সোৱাদ ল’ব পাৰিলে খুবেই
মজা হ’লহেঁতেন।
মূৰ্ত্তি একাপ চাহ দিয়া।
মূৰ্ত্তিয়ে চাহ কাপ দিয়াৰ আগতে গল্প
আৰম্ভ কৰি দিলেহেঁতেন। প্রথমে ক'লেহেঁতেন কট্রোলৰ চেনিৰ কথা। তাৰ পাছত ক’লেহেঁতেন
সিজোৱা চাহপাতৰ গুণৰ কথা। সিজোৱা চাহপাত গোলাপ গছৰ গুৰিত দিলে এছটাক ওজনৰ গোলাপ
ফুল পোৱা
যাব পাৰে.... ইত্যাদি ইত্যাদি।
তাৰ পাছত মুখলৈকে ভৰা কাপৰ পাছত কাপ
চাহ। তিনি কাপমান চাহ খোৱাৰ পাছত ওচৰৰ পাণ দোকানৰ পৰা চিগাৰেট এডাল
জ্বলাই পুনৰ উঠ চাইকেলত। কটক চহৰৰ ৰাস্তাত চোকা ৰ’দত মাৰ চাইকেলৰ
পেডেল। শুনি থাক বহুদিন তেল নিদিয়া চাইকেলৰ কেঁৰ্ কেঁৰ্ মেৰ্ মেৰ্ শব্দ।
সীতাৰামে আহি সুধিলে- আৰু একাপ দিম
নেকি, বাবু?
নাকৰাত্মক ভংগীত হাত জোকাৰি ক'লো-
নাই, নালাগে।
পুনৰ সেই মানুহজন আহি বাৰাণ্ডাত থিয় হ’ল।
খুবেই ধুনীয়া দেখাইছে মানুজনক। মানুহজন স্বাস্থ্যৰ কুবেৰ। গাত বগা পাঞ্জাৱী।
পাঞ্জাৱীৰ ওপৰত এটি দামী শাল-চাদৰ। বাহিৰলৈ ওলাই আহিয়ে কিবা ভাবি মানুহজন পুনৰ
কোঠালিৰ ভিতৰলৈ সোমাই গ'ল। আৰু তাৰ
দৰ্শন নাই। গ’ল………………যাঃ।
পর্যাপ্ত ঠাই আৰু অপর্যাপ্ত সময়ৰ
প্ৰতিটো কাৰ্যই তালিকা অনুসৰি সম্পাদন কৰিব লাগে। তাৰ পাছত সন্ধিয়া নামি আহে।
চকুৰ আগত ৫০ গজ দৈৰ্ঘ আৰু ৫০ গজ
প্ৰস্থৰ এডোখৰ মুকলি ঠাই। সেউজীয়া ঘাঁহনিৰে ভৰা ঠাইডোখৰ মানুহৰ তপামূৰৰ
দৰে উন্মুক্ত। কিছু নিলগত এজোপা শকত শিমলু গছ। ইয়াৰ ভিতৰতে আমি ফুৰা-চকা কৰিব
লাগে। উপায় নাই। দৌৰা, থিয় দিয়া অথবা মধ্যযুগীয় কবিৰ দৰে
সেউজীয়া ঘাঁহনিৰ ওপৰত শুই কল্পনা কৰা অৰ্থাৎ যিয়ে নকৰা কিয়, সকলো
এই ৫০
গজ দৈৰ্ঘ আৰু ৫০ গজ প্রস্থ ঠাইডোখৰৰ মাজতে কৰিব লাগিব।
পুনৰ সেই মানুহজন আহি থিয় হ’ল৷
এতিয়া তাৰ গাত অভাৰ কোট। ক’লা দীঘল অভাৰ কোটৰ ভিতৰত মানুহজনৰ বগা দেহ।
খন্তেক পাছতে তাৰ কাষত আহি থিয় হ’ল এগৰাকী তিৰোতা মানুহ। উভয়ে
কেতিয়াবা আমাৰ ফালে আৰু কেতিয়াবা আকৌ ৰাস্তাৰ ফালে লক্ষ্য কৰিবলৈ ধৰিলে।
সিহঁত বোধহয় স্বামী-স্ত্রী। অতি
নিঃসংকোচে পৰস্পৰে পৰস্পৰৰ একেবাৰে কাষত থিয় হৈ ক্ৰমে জনাকীৰ্ণ হৈ উঠা ৰাস্তাৰ
ফালে চাই আছে। ৰ’দ লাহে লাহে চোকা হৈ আহিছে।
হঠাৎ মানুহজনে ৰাস্তাৰ ফালে আঙুলিয়াই
লগৰ তিৰোতাজনীক কিবা দেখুৱালে। উভয়ে উৎসাহেৰে ৰাস্তাৰ ফালে লক্ষ্য কৰিবলৈ
ধৰিলে।
প্ৰাচীৰৰ সিটো প্ৰান্তত কিনো এনে
দর্শনীয় বস্তু আছে যে, সিহঁতে এইদৰে কৌতূহলেৰে লক্ষ্য কৰিছে? কাঁহী-বাটি
লৈ কয়েদীসকল
বাহিৰলৈ ওলাই আহি শাৰী পাতি থিয় হ’ল। ঘণ্টা বাজিছে। খাবলৈ দিব। নিতৌ
এইবোৰ দৃশ্য দেখি দেখি অভ্যস্ত হৈ পৰিছো। একেবাৰে স্বাভাৱিক ঘটনা।
কোনো বৈচিত্র নাই।
বৈচিত্র আছে মাথোন সৌ দুমহলীয়া
অট্টালিকাৰ দুমহলীয়া বাৰাণ্ডাত। তাত থিয় দিব পাৰিলে খুউব ভাল লাগিলহেঁতেন। কয়েদীসকল
যেন বেলেগ গ্ৰহৰহে বাসিন্দা। মাৰাত্মক, সমাজ বিদ্বেষী। বিৰাট প্রাচীৰৰ ভিতৰত
আৱদ্ধ হৈ আছে কাৰণেহে শান্তিত আছে। নহ'লে.…....
প্রাচীৰৰ ভিতৰখন মানুহজনৰ কাৰণে যিমান
বিচিত্ৰ, আমাৰ কাৰণে প্ৰাচীৰৰ বাহিৰৰ জগতখন সিমানে ধুনীয়া।
প্রাচীৰৰ ভিতৰৰ পৰা ডেও দি চালে,
চাৰিওফালে ওখ ওখ গছ আৰু শাৰী শাৰী অট্টালিকা চকুত পৰে। কিন্তু সৌ সৰু বাৰাণ্ডা
আৰু সেই মানুহজন আমাৰ কাৰণে বাহিৰৰ পৃথিবীৰ প্রতীক। একমাত্র যোগসূত্র। একমাত্র
কিয়, পৰিপূৰ্ণ বুলি ক'লেহে ঠিক হ’ব।
প্রতিদিন মানুহজনে তাত থিয় দি বাতৰি
কাকত পঢ়ে৷ তেতিয়া ইমান ঈৰ্ষা ওপজে মানুহজনৰ প্ৰতি! মোৰ কাৰণেও বাতৰি কাকত
আহে; কিন্তু বাতৰি কাকত পঢ়ি বৰ যন্ত্ৰণা অনুভৱ হয়। খুউব খং উঠে।
যদি সুধো- কি হল?
উত্তৰ পোৱা যাব, বিচাৰ চলি আছে,
এতিয়া ৰায় ওলাব।
প্রতিদিন মাথোন এই মুহূৰ্তটোৰ কাৰণে
অপেক্ষা কৰি থাকো।বাতৰি কাকত আহিলে বাহিৰৰ পৃথিবীৰ বাতৰি পোৱা যাব। বাতৰি
কাকত আহে ঠিকেই, কিন্তু তাত আমাৰ বাতৰি নাথাকে।
অথচ সেই মানুহজনে এই প্রাচীৰৰ বাহিৰত
ৰৈ বাতৰি কাকত পঢ়িছে। সম্পূর্ণ বাতৰি কাকত। অলপো বাদ নিদিয়াকৈ।
লাহে লাহে মানুহজন পুৰণি হ’বলৈ
ধৰিলে। ফলত মানুহজনক লক্ষ্য কৰাৰ ইচ্ছা নোহোৱা হ’ল। মাথোন
ঈর্ষাহে বৃদ্ধি পাবলৈ ধৰিলে মানুহজনৰ প্ৰতি।
মানুহজনৰ নানা কাম। কেতিয়াবা বন্দুকৰ
নলী চাফা কৰি থকা দেখা যায়, কেতিয়াবা আকৌ বেহেলাৰ তাঁৰ ঠিক কৰি
থকা
দেখা যায়। ইয়াৰ মাজতে মানুহজনৰ সেই
কদৰ্য অভ্যাস। নিতৌ বাৰাণ্ডাৰ ৰে'লিঙত আঁউজি তলৰ ফালে চাই থকা অভ্যাস ।
মানুহজনে নিতৌ চাহ খায়। কেতিয়াবা
দুবাৰ, কেতিয়াবা আকৌ তিনিবাৰ। আজি-কালি মানুহজনক চাহ খোৱা দেখিলে, চাহ
কাপ তাৰ হাতৰ পৰা ঠেলা মাৰি তললৈ পেলাই দিবলৈ মন যায়। বাতৰি কাকতখন টানি-আঁজুৰি
আনি তাৰ চকু অন্ধ কৰি দিবলৈ মন যায়। উঃ! তাৰ বিতচকুযোৰ ভাঙি যদি
লাখ লাখ টুকুৰা কৰিব পাৰিলোহেঁতেন! তাৰ চকুত আঘাত কৰিব পাৰিলে খুবেই চমৎকাৰ হ’লহেঁতেন।
এই প্রাচীৰৰ ভিতৰত জীৱনৰ পৰিসৰ যিমান
সংকুচিত-বৈচিত্ৰৰ কাৰ্পণ্য তাতোকৈ অধিক। কেতিয়াবা কেতিয়াবা সময়ৰ
প্রাচুর্য অসহনীয় হৈ উঠে। সকলো মানসিক
অৱস্থাৰ ওপৰতহে নিৰ্ভৰ কৰে।
বহুদিন পাছৰ কথা।
সেই মানুহজন হঠাৎ বাহিৰলৈ নুওলোৱা হ’ল।
মানুহজনক এতিয়া বাৰাণ্ডাত দেখা নাযায়। পুৱা-গধূলি সকলো সময়তে কোঠালিৰ
দুৱাৰ বন্ধ কৰি ভিতৰতে সোমাই থাকে। কেতিয়াও বাহিৰলৈ নুলায়। লাহে লাহে মানুহজনৰ
অভাৱ অনুভৱ কৰিবলৈ
ধৰিলো। হয়তো মানুহজনৰ কিবা অসুখ হৈছে! নাই নাই, এয়াওতো হ’ব
পাৰে যে, মানুহজনে এই ঠাই এৰি বেলেগ ঠাইলৈ গুচি গৈছে!
সেই অজ্ঞাত মানুহজনৰ অভাৱে মনটো
ভাৰাক্ৰান্ত কৰি তুলিলে। সেই মানুহজনৰ প্ৰতি যিমানে ঈর্ষা নহওঁক কিয়, সিয়ে আছিল
আমাৰ কাৰণে বাহিৰৰ জগতৰ সংকেত। মুক্ত জীৱনৰ প্রতীক। এই কথা অৱশ্যে অস্বীকাৰ কৰাৰ
উপায় নাই। মনে মনে ভাবো, হয়তো মানুহজন
বিশেষ কোনো কামত কিছুদিনৰ কাৰণে কটকৰ বাহিৰলৈ গৈছে।
পুনৰ কিছুদিন পাৰ হ'ল।
কিয়? এতিয়াও দেখোন
দুৱাৰ বন্ধ।
কেতিয়াবা ভাবো, হয়তো মানুহজন
চিৰদিনৰ কাৰণে এই ঠাই এৰি গুচি গৈছে।
মানুহজনে সদায় থিয় দিয়া বাৰাণ্ডাৰ
ৰে’লিঙত আঁউজি এদিন ৰাতিপুৱা এজনী তিৰোতা মানুহ আহি থিয় হ’ল।
তাইৰ কাষত
এটি কণমানি শিশু। কিছুপৰ নিৰীক্ষণ কৰাৰ পাছত উপলব্ধি কৰিবলৈ অসুবিধা নহ’ল
যে, তিৰোতাজনী বেলেগ কোনোবা পৰিয়াল সদস্য। সেই মানুহজনৰ
পৰিয়ালৰ সদস্য নহয়।
লাহে লাহে বাৰাণ্ডাত আন কিছুমান
অচিনাকি তিৰোতা মানুহ আহি থিয় হ’ল। তেনেহ'লে মানুহজন.…......নাই
নাই, মই ভবাৰ দৰে নিশ্চয় হোৱা নাই। মানুহজন নিশ্চয়
বেলেগ ক’ৰবালৈ গুচি গৈছে।
বাৰাণ্ডাত ৰাতিপুৱাৰ সেই চিকুণ ৰ’দ,
সন্ধিয়াৰ সেই ধুনীয়া ৰং, কিন্তু চাহ কাপলৈ মানুহজন তলৰ ফালে চাই
নাথাকে।
মানুহজনৰ প্ৰতি থকা ঈৰ্ষা লাহে লাহে
মনৰ পৰা আঁতৰ হ’ল। মনে মনে ভাবোঁ, মানুহজন যদি
পুনৰ উভতি আহিলহেঁতেন!
সেই মানুহজনৰ বিতচকু পিন্ধা চকুৱেদি মই
কটক চহৰৰ ৰাস্তাৰ পুৱা আৰু গধূলি প্রত্যক্ষ কৰিছিলো। ৰিক্সা, ঘোঁৰা-গাড়ী সকলো।
কেতিয়াবা মই নিজেই মানুহজনৰ লগত কটক চহৰৰ ৰাস্তাত খোজ কাঢ়ি ফুৰিছিলো.……....
এনেতে সীতাৰামে মোৰ সন্মুখত চাহৰ কাপ
থৈ ক’লে- বাবু চাহ......….....
হত্যাকাৰী সমাজ
সিদিনা ৰাতিপুৱা ন বজাত প্ৰয়াগৰ
আৰক্ষী থানাত বহি মই আৰক্ষী অধীক্ষকৰ লগত কথা পাতি আছিলো ৷ এনেতে টেলিফোনৰ ঘণ্টা বাজি উঠিল। মই জমাদাৰ এজনক মাতি ক’লো-
চোৱাচোন কোনে ফোন কৰিছে?
জমাদাৰে টেলিফোনৰ ৰিচিভাৰ হাতত লৈ
সুধিলে- আপুনি কোনে কৈছে?
আপুনি কোন? সিপ্ৰান্তৰপৰা
সুধিলে।
মই জমাদাৰ ৰহমান খাঁ......... আপোনাৰ
নাম?
মই কৰ্ণেলগঞ্জ থানাৰ ইন্সপেক্টৰ
ৰঘুপতি সিং। অ’ চি চাহাব আছে নেকি?
হয় আছে।
তেওঁক ফোন দিয়া। সোনকাল কৰা।
মই স্বয়ং ৰিচিভাৰ দাঙি লৈ ক'লো-
ঠাকুৰ চাহাব আপুনি থানাৰ পৰা কৈ আছে নেকি?
নাই নাই, মই ৰমানুজ প্ৰসাদৰ ঘৰৰপৰা
কৈ আছো। চাহাব ক’ত?
ইয়াতে আছে। কওঁকচোন কি ক'ব
খুজিছে।
আপোনালোক সোনকালে বাবু ৰমানুজ প্ৰসাদৰ
ঘৰলৈ আহক। ইয়াত দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে।
হত্যা? বাবু ৰামানুজ
প্ৰসাদৰ তাত? কাক কাক হত্যা কৰা হৈছে?
তেওঁৰ পুতেক আৰু বোৱাৰী- উভয়ক হত্যা
কৰা হৈছে। আপোনালোক সোনকালে আহক। আপোনালোক আহিলেহে তদন্ত
আৰম্ভ কৰিম। কোনোবা চোৰাংচোৱাকো লগত লৈ আহিব।
বাবু ৰামানুজ প্ৰসাদ প্ৰয়াগৰ
বিত্তশালী মানুহবিলাকৰ অন্যতম। চৰকাৰৰ ওচৰতো তেওঁৰ খুব সমাদৰ। আমাৰ লগতো তেওঁৰ খুবেই বন্ধুত্ব। তেওঁৰ একমাত্ৰ পুতেক ৰঘুনন্দন প্ৰসাদ।
ৰঘুনন্দনে তেওঁৰ অগাধ সম্পত্তিৰ মালিক। তেওঁ মেয়ৰ চেণ্ট্ৰেল
কলেজৰ পৰা যোৱাবাৰ স্নাতক উপাধি প্রাপ্ত হৈছে। ল'ৰাজন
খুবেই সুশীল আৰু চতুৰ। বিছ দিনে হোৱা নাই তেওঁৰ বিবাহ হোৱা।
এনেস্থলত তেওঁক আৰু তেওঁৰ পত্নীক হত্যা! মইতো এই খবৰ শুনি স্তম্ভিত হৈ গ'লো।
অধীক্ষক চাহাব আৰু এজন চোৰাংচোৱাক লগত
লৈ যিমানদূৰ সম্ভৱ সোনকালে মই মটৰেৰে ৰামানুজ প্ৰসাদৰ ঘৰত আহি উপস্থিত হ'লো।
তেতিয়া ৰমানুজ প্ৰসাদৰ ঘৰত শোকৰ বন্যা
বৈ আছিল। চাৰিওফালে হাহাকাৰ ৰোল উঠি আছিল। চাকৰ-বাকৰ, স্ত্রী- পুৰুষ যিজন য’ত আছিল ত’তেই চকুপানী
টুকি আছিল। ৰামানুজ প্ৰসাদ সন্মুখৰ গোল কোঠালিত ইন্সপেক্টৰ ৰঘুপতি সহায় আৰু কেইজনমান চিপাহীৰ মাজত বহি শোক প্ৰকাশ কৰি আছিল। বেচাৰাই এই
বৃদ্ধাৱস্থাত ভয়ংকৰ আঘাত পাইছে। চাহাব আৰু
মোক দেখি ৰামানুজ প্ৰসাদে খুব জোৰে জোৰে কান্দিবলৈ ধৰিলে। ক’লে- মই বৰাবদ হৈ
গ’লো, হুজুৰ। মোৰ সৰ্বনাশ হৈ গ'ল ৷
মোৰ ঘৰৰ বন্তি নুমাই গ'ল ৷ এতিয়া মোৰ জীৱন-মৰণ একেই কথা। সি প্ৰথমৰ
পৰাই বিয়া কৰাব খোজা নাছিল। যদি মই এইবোৰ
জানিলোহেঁতেন.....আস ! পৃথিবীখন চক্রাকাৰে ঘূৰি আছে। আস্!
ঠাকুৰ চাহাবক ধৈর্য ধৰিবলৈ কৈ আমি যুৱা
দম্পত্তিৰ শৱদেহ থকা কোঠালিলৈ গ'লো। আমাৰ লগত চোৰাংচোৱাও আছিল। প্রথমে তেওঁ কোঠালিৰ ভিতৰলৈ সোমাই গ'ল ৷ তেওঁৰ পিছে
পিছে আমি সোমাই আহিলো। হায়! উভয়ে গোলাপৰ দৰে
ধুনীয়া আছিল। সিহঁতৰ ওঁঠবোৰ ক’লা পৰি গৈছে। দাঁত বহি গৈছে আৰু চকু
মেল খাই আছে। যেন সিহঁতে চকু মেলি আমাৰ ফালে চাই
আছিল। মই চাহাবক ক'লোঁ- ধাৰণা হৈছে, উভয়ে বিহ পান
কৰিছে।
চোৰাংচোৱাই মোৰ কথা সমর্থন কৰিলে। তেওঁ
উভয়ৰ নাড়ী টিপি চালে। নাড়ী একদম শান্ত। ইয়াৰ পাছত পালেঙ পৰীক্ষা
কৰিলে। সিহঁতৰ মূৰ দুটা
এটি ডাঙৰ গাৰুৰ ওপৰত বিন্যস্ত। গাৰুটো উঠোৱাৰ লগে লগে গাৰুৰ তলৰ পৰা এটি লেফাফা বাহিৰ হ’ল। তাত লেখা আছিল- 'পুলিচৰ
কাৰণে।' চোৰাংচোৱাই বন্ধ লেফাফাখন চাহাবৰ হাতত দিলে। চাহাবে সেইখন মোৰ হাতত দি ক'লে- পঢ়ক। চাওঁকচোন কি লেখা আছে।
লেফাফাটো ফালি মই পত্ৰখন পঢ়িবলৈ
ধৰিলো......
ৰঘুনন্দনৰ বিৱৰণ
ৰঘুনন্দনৰ পত্ৰত নিম্নলেখিত তিনিটা
শীর্ষক আছিল..….….....
পুলিচৰ নামত।
আমি উভয়ে আত্মহত্যা কৰিছো।
আত্মহত্যাৰ বাবে সম্পূর্ণভাবে দায়ী
আমি নিজে।
ইয়াৰ পাছত পত্ৰখন এইদৰে আৰম্ভ
হৈছিল.....
মোৰ সম্পূৰ্ণ কাহিনী লেখাৰ ইচ্ছা
নাছিল। কিজানি মোৰ কাহিনীৰ পৰা সমাজৰ চকু মুকলি হয় আৰু মোৰ দৰে আন বহুতো হতভাগ্যৰ জীৱন ৰক্ষা পৰে, তাৰ বাবে এই
কাহিনী লেখি আছো। যদিও মই বিত্তবান দেউতাৰ একমাত্র সন্তান, যদিও ভাৰতবৰ্ষৰ
অধিকতৰ বিত্তবান সন্তানৰ দৰে মোৰো কৰাৰ আছে,
তথাপি মোৰ প্ৰকৃতি ভিন্ন। মই নিজ দুৰ্বল সিদ্ধান্তকাৰী বুলি ক'ব
পাৰো। দুৰ্বল সিদ্ধান্তকাৰী বুলি এই কাৰণেই কৈছো যে, আমাৰ সমাজত
কোনেও কোনো ভাল সিদ্ধান্ত পালন কৰিব নোৱাৰে। তেনে কৰিবলৈ গ'লে
সমাজ তাৰ শত্ৰু হৈ যায়। সমাজে পদে পদে তাৰ সেই সিদ্ধান্ত ত্যাগ কৰাৰ
কাৰণে আগ্রহ প্ৰকাশ কৰে, হেঁচা প্ৰয়োগ কৰে । কিন্তু কোনো
অভ্যাসত অভ্যস্ত হৈ পৰাৰ পাছত সেয়া সতকাই ত্যাগ কৰিব নোৱাৰা হয়। ফলত সি অপমানিতও হ’ব
লগা হয়। এনে পৰিস্থিতিত এজন সৎ ব্যক্তি সমাজত বৰ্তি থকা কঠিন হৈ পৰে।
তেওঁৰ জীৱন নৰক হৈ পৰে।
যেতিয়া মই দশম মানত পঢ়িছিলো তেতিয়া
মই এখন ইংৰাজী কিতাপ পঢ়িছিলো। কিতাপখনৰ নাম কি আছিল এতিয়া ঠিক মনত নাই। তাত আমাৰ ভাৰতীয় লেখক
এগৰাকীয়ে আমাৰ দেশৰ অধঃপতনৰ কাৰণ বাল্য বিবাহ বুলি উল্লেখ কৰিছিল আৰু
অসম বিবাহৰ ভয়ানক পৰিণামৰ ওপৰত খুবেই অনুসন্ধানমূলক বিশ্লেষণ কৰিছিল। সেয়ে মই
সিদ্ধান্ত লৈছিলো, বিবাহৰ যোগ্য নোহোৱালৈকে আৰু যাৰ পাণিগ্ৰহণ
কৰিম তাইৰ প্রকৃতি ভালদৰে নজনালৈকে মই বিয়া নকৰাও। কিন্তু সমাজে মোৰ সিদ্ধান্তক
কিয় স্বীকাৰ কৰিব? মই কলেজত ভৰ্ত্তি হোৱাৰ পাছত সিহঁতে মোৰ দেউতাক
ক'লে- আৰে, তুমি লাখপতি আৰু তোমাৰ ল’ৰা বিছ বছৰীয়া
হোৱাৰ পাছতো অবিবাহিত! যেন কোনোবা মজদুৰৰহে পুতেক। তোমাৰ বিয়াতো দহ বছৰ বয়সতে
হৈছিল। পুতেকক হাতৰ মুঠিৰপৰা গুচি যাবলৈ নিদিবা। তাৰ বিয়াখন পাতি দিয়া।
ইফালে ছোৱালীৰ ফালৰ পৰা দলে দলে মানুহ
আহি আমাৰ ঘৰৰ দুৱাৰ আকাশত উপঙি ফুৰিবলৈ ধৰিলে। দৰ-দাম আৰম্ভ হৈ গ'ল। কিন্তু মই
খুব দৃঢ়তাৰে উক্ত সংকটৰ মোকাবিলা কৰিবলৈ ধৰিলো। দেউতাক স্পষ্টভাবে কৈ দিলো যে,
বি, এ পাছ কৰাৰ আগতে মই বিয়া নকৰাও ৷ মোৰ
কথা শুনি হয়তো দেউতাই মোৰ মূৰ ফলাৰ কাৰণে তৎপৰ হ'লহেঁতেন,
কিন্তু সেই সময়ত আয়ে মোক ৰক্ষা কৰিছিল। এয়া নাভাবিব যে
আইৰ কৃপা মই সহজে প্রাপ্ত হৈছিলো। মই আইক মোৰ পক্ষলৈ টনাৰ কাৰণে ধকী দিব লগা হৈছিল। কৈছিলো- যদি
এতিয়াই মোৰ বিয়াখন পাতি দিয়া তেনেহ'লে মই ঘৰৰ পৰা পলাই যাম। সাধু-সন্ন্যাসী
হৈ যাম। আয়ে ভাবিলে, এতিয়া নহ’লেও তিনি বছৰ
পাছতে হওঁক, পুতেকতো সন্তুষ্ট হ'ব।
ক্রমশঃ মই কলেজত তৃতীয় বর্ষ পালোঁ।
বিগত তিনিটা বছৰৰ এনে কোনো এটা বছৰ নাছিল, যিটো বছৰত দহ বিছ জনী ছোৱালীৰ
অভিভাৱক মোৰ বিয়াৰ সম্বন্ধলৈ অহা নাছিল। প্রত্যেক বছৰ মই পৰিস্থিতিৰ লগত যুঁজিব
লগা হৈছিল। হয়, মই মাথোন বি, এ পাছ কৰাৰ কথা
কৈ আছিলো। এদিনৰ কথা, হয়তো মই হকী খেলিবলৈ গৈছিলো। সিদিনা মই চাইকেল
চলাই ঘৰলৈ
উভতি আছিলো। মোৰ খুব ভোক লাগিছিল। সেয়ে মই জোৰে জোৰে পেডেল মাৰি আহি আছিলো। হঠাৎ
মোৰ চাইকেলখন
এখন লেণ্ডো গাড়ীৰ লগত খুন্দা খালে। মই ঘোৰতৰ আঘাত পালো আৰু মূৰ্চ্ছিত হৈ পৰিলো।
এঘণ্টামান পাছত মোৰ জ্ঞান আহিল।
তেতিয়া মই নিজক আমাৰ কলেজৰ হাস্পতালত মোৰ সহপাঠীসকলৰ মাজত দেখা পালো। মোৰ মিত্ৰসকলৰ মাজত এগৰাকী
যুৱতীও আছিল। তাইক তাৰ আগতে কেতিয়াও দেখা নাছিলো। যদিও কোনো তিৰোতা মানুহক দেখি হায় হায় আৰু
বুকুত চপৰিওৱা স্বভাৱ মোৰ নাছিল। কিন্তু সেই যুৱতীগৰাকী খুবেই ৰূপৱতী আছিল।
তাইৰ ধুনীয়া বগা মুখমণ্ডল, আশা আৰু নিৰাশাৰে ভৰা হৃদয়াক চকুযোৰ,
ভৰা পূৰঠ গাল আৰু মাদকতাময় ওষ্ঠাধৰলৈ চালে চাই থাকিবৰে মন যায়।
মই কিবা সুধিবলৈ বিচাৰিছিলো, এনেতে যুৱতীগৰাকীয়ে মোক প্ৰশ্ন কৰিলে-
আপোনাৰ অৱস্থা
এতিয়া কেনে? আপোনাৰ গাত প্রত্যক্ষ আঘাত লগা নাই যদিও
চাইকেলত জোৰে খুন্দা লাগিছিল। ভাগ্য ভাল বুলি ক'ব পাৰে।
হয়, মই ক'লো-
দোষ মোৰো আছে। মই বেপৰোৱাভাবে চাইকেল চলাই আহি আছিলো। তথাপি চাইকেলত লাইট নাছিল।
গাড়ীখন আপোনাৰে আছিল নেকি?
লাজকুৰীয়া ভাৱ প্ৰদৰ্শন কৰি
যুৱতীগৰাকীয়ে ক'লে- মোৰ গাড়ীৰ কাৰণেই আজি আপুনি এইদৰে কষ্ট
পাব লগা হ’ল। ইয়াৰ কাৰণে.......
নাই নাই, মই ক'লো-
মই স্বয়ং স্বীকাৰ কৰিছো, দোষ মোৰে আছিল।
এতিয়া যদি আপুনি যাবপৰা হৈছেতো ঘৰলৈ ব’লক।
বাহিৰত মোৰ গাড়ী ৰৈ আছে। মই আপোনাক ঘৰত থৈ আহিম।
নাই নাই। ইতিমধ্যে আপুনি বহু কষ্ট
কৰিছে। মই নিজৰে গাড়ী মাতিম বাৰু ইয়াত লাভ? ব’লক,
ময়ে থৈ আহোগৈ।
লাহে লাহে আহি মই গাড়ীত উঠি বহিলো।
গাড়ী আমাৰ ঘৰৰ ফালে দৌৰিবলৈ ধৰিলে। মই কৃতজ্ঞতাপূর্বকভাবে ক’লো- নিজৰ উপব ।
নাম-ধাম জানিব পাৰো নেকি?
উপকাৰী? মই উপকাৰ কৰিছো
নেকি? স্বার্থ সাধনক আপুনি উপকাৰ বুলি কৈছে? মই আপোনাৰ লগত
এনেকুৱা ব্যৱহাৰ
নকৰিলে দেখোন আপুনি মোৰ গাড়ী পুলিচৰ হাতত গতাই দিলেহেঁতেন আৰু সম্ভৱতঃ কাইলৈ মোৰ
বিৰুদ্ধে ক্ষতি পূৰ্ণ দাবী.….....
আৰে, আপুনি এয়া কৈছে
কি? বাৰু, আপোনাৰ ঘৰ ক’ত?
মই দৰিয়াগঞ্জৰ আনন্দস্বৰূপৰ ছোৱালী।
মোৰ নাম প্রভা।
অ’ আপুনিয়ে বাবু
আনন্দস্বৰূপৰ সুপুত্ৰী। যোৱাবাৰ মেট্ৰিক পৰীক্ষাত আপুনিয়ে প্রথম হৈছিল?
প্রভাই সংকোচেৰে মূৰ জোকৰিলে। এনেতে
গাড়ী আহি আমাৰ বঙলাৰ গেটত উপস্থিত হ’ল। মই গাড়ীৰ পৰা নমাৰ সময়ত
প্ৰভাৱতীয়ে ক'লে- মই আপোনাক আজি বহু কষ্ট দিলো। ক্ষমা কৰিব।
এনেকৈ কিয় কৈছে? আপুনি
পাছত কেতিয়াবা এদিন আমাৰ ঘৰলৈ নিশ্চয় যাব।
মই ক'লো- অৱশ্যে,
ধৰক কাইলৈয়ে। কিন্তু কেতিয়ালৈ যাম বাৰু?
যেতিয়া আপুনি অৱকাশ পায়। অৱশ্যে ভাল
হয়, যদি সন্ধিয়া ফুৰাৰ সময়ত যায়।
এফালৰ পৰা বাবু আনন্দস্বৰূপ আমাৰ
জাতিৰে, কিন্তু সমজুৱাই তেওঁক বহিষ্কাৰ কৰিছে। কাৰণ তেওঁ নিজৰ ডাঙৰ পুতেকক
বেৰিষ্টাৰ হোৱাৰ কাৰণে বিলাতলৈ পঠাইছিল আৰু সি উভতি অহাৰ পাছত তাক ঘৰৰ পৰা
বহিষ্কাৰ নকৰি নিজৰ পৰিয়ালৰ লগতে ৰাখিছে। ইমান ডাঙৰ পাপীক সমজুৱাই
কেনেকৈ ক্ষমা কৰে! সিহঁতে নিজৰ বহ্মাস্ত্ৰ উলিয়াই তেওঁৰ ওপৰত চলাই
দিলে। বর্তমান সমাজৰ ৰক্ষা কৱচ তাৰ কাৰণে, যিয়ে পৃথিবীৰ সকলো বেয়াৰ লগত সম্বন্ধ
ৰাখি চলে, মঙহ খায়, মদ্যপান কৰে, বেশ্যা-প্ৰেমত
লিপ্ত থাকে, অৱসৰ পালেই নৈনিতাল, মৌচুৰী আৰু
চিমলালৈ গৈ কোনোবা শ্বেতাংগীনি মহিলাৰ চকুৰ চিকাৰ হয়। কিন্তু বেচাৰা
আনন্দস্বৰূপৰ কাৰণে মই ৰক্ষা কৱচ। কাৰণ তেওঁক এই কাৰণে মই অস্পৃশ্য ধাৰণা নকৰোঁ যে, তেওঁ
তেওঁৰ পুতেকক বিদ্যাভ্যাসৰ কাৰণে বিলাতলৈ পঠাইছিল।
মই ল’ৰালিৰে পৰা
সমাজৰ এই নীচতাৰ বিৰোধী। মই স্বয়ং বিলাতলৈ গৈ আই, চি, এচ
পাছ কৰাৰ কথা ভাবিছিলো। সেয়ে মই বাবু আনন্দস্বৰূপৰ ঘৰলৈ গৈ জলপান ও
ভোজন কৰাত কোনো আপত্তি নাছিল। ইফালে প্রভাৰ মধুৰ ব্যৱহাৰত মোৰ হৃদয় আৰু অধিক মুগ্ধ হৈ গ'ল।
প্রথমে আমাৰ মিলন সপ্তাহত এবাৰ দুবাৰ হৈছিল। পাছত আমি নিতৌ মিলিত হ’বলৈ ধৰিলো,
কে’বামাহ পাছৰ পৰাতো আমি চৌব্বিছ ঘণ্টাত দুবাৰ
তিনিবাৰ মিলিত হ’বলৈ ধৰিলো। মই খুব মনযোগেৰে লক্ষ্য কৰিলো,
প্রভাৱতীৰ মাজত মোৰ স্ত্ৰী হোৱাৰ সকলো গুণ আছে। আমি পৰষ্পৰে পৰষ্পৰৰ
লগত খুবেই পৰিচিত হৈ গ'লো। সেয়ে আমি দুয়ো নতুন ধৰণে বিয়া
পাতিলো। সেই বিবাহত বৰযাত্ৰী নাছিল, নাচনীয়ে নচা নাছিল, চৰাব-কাবাব
পৰিৱেশন কৰা
নাছিল, ব্ৰাহ্মণে ভাটৌৰ দৰে মন্ত্ৰ আবৃত্তি কৰা নাছিল। সেই বিবাহ খুবেই
পবিত্ৰ ৰীতিত সম্পন্ন হৈছিল। মোৰ হৃদয়ে প্ৰভাৰ হৃদয়ক ক’লে-‘এতিয়া
মই তোমাৰ।’ এই উত্তৰ সিফালৰ পৰাও আহিল। ইয়াতকৈ অধিক দৃঢ়
বৈবাহিক বন্ধন আৰু কি হ'ব পাৰে?
কিন্তু হত্যাকাৰী সমাজ, নীচ
সমাজ, ঘৃণিত হিন্দু সমাজ এই বিয়া কিয় মানিব! সিহঁততো জাৰৰ ভায়েক,
নাদিৰ চাহৰ বাপেক আৰু ডায়াৰৰ পিতামহ। অত্যাচাৰ কৰাটো
সিহঁতৰ নিত্য-নৈমিত্তিক নিয়ম, ঢং সিহঁতৰ পোচাক, ন্যায়ৰ
হৃদয়ৰ মঙহৰ টুকুৰা সিহঁতৰ খোৰাক আৰু উন্নতশীল যুৱকৰ তেজপান
সিহঁতৰ জলপান। এনেকুৱা সমাজৰ হাতোঁৰাৰ পৰা আমাৰ দেশৰ, বিশ্বৰ কোনো শক্তিয়ে ৰক্ষা কৰিব
নোৱাৰে। বি, এ পাছ কৰাৰ পাছত মোৰ মূৰৰ ওপৰত ‘বিবাহ’ৰ
বজ্ৰপাত হ’ল। ছোৱালীৰ অভিভাৱকে আমাৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে।
এইবাৰ দেউতাই মোৰ বিবাহৰ কাৰণে সম্পূর্ণ সাজু হৈ উঠিল। বচ্, মোক নীলামৰ বজাৰত মেলি দিয়া হ’ল।
যৌতুকৰ দৰ-দাম চলিবলৈ ধৰিলে। এহাজাৰ, দুহাজাৰ, পাঁচ হাজাৰ।
কিন্তু যাৰ দেউতাক
লাখৰ আচামী, তেওঁৰ একমাত্ৰ পুতেকৰ কাৰণে মাথোন পাঁচ হাজাৰ!
অসম্ভৱ। দেউতাকৰ ‘চৰকাৰী দৰ’ পোন্ধৰ হাজাৰ।
প্ৰথমে টকা, তাৰ পাছত ছোৱালী।
কেইমাহমান আগৰ কথা। মই আইক খোলাখুলি কৈ
দিলো যে, মই নিজৰ পচন্দ্ৰ ছোৱালীক বিয়া কৰাম। টকা পোৱা গ’লৈ যাব, নহ'লে
নাই।
বাপৰে বাপ! কলিযুগ আহি গৈছে। এই নাউমান
ল’ৰাটোক চোৱা। এওঁৰ মুখৰ পৰা কেনেকৈ এই কথা বাহিৰ হ’ল? যেতিয়ালৈকে
মাক-দেউতাক জীয়াই আছে, তেতিয়ালৈকে বিয়াৰ ক্ষেত্ৰত পুতেকৰ মাত মতাৰ
কি অধিকাৰ আছে?
মই ক'লো-আই, বিবাহ
জীৱন-মৰণৰ প্ৰশ্ন। ইয়াৰ সিদ্ধান্ত সিয়ে কৰা উচিত যিয়ে ইয়াৰ ফলভোগ কৰিব। মই
আপোনালোকৰ পচন্দ্ৰ
ছোৱালীৰ লগত বিবাহত সোমাই নিজৰ জীৱন কদাপি নষ্ট নকৰো। ইয়াত যিয়ে নহওঁক কিয়।
আয়ে সুধিলে- তেনেহ’লে
তয়ে ক’, তই কেনেকুৱা স্ত্ৰী বিচৰা? য’ত তোৰ বিবাহ ঠিক
হৈছে, সেইজনী কইন৷ মেমৰ দৰে বগা। লেখা-পঢ়াও জানে। তাই ধনী দেউতাকৰ
কন্যা। ইয়াতকৈ অধিক তই কি বিচাৰিছ?
কিন্তু আই। মই দীনতা আৰু নম্ৰতা সহকাৰে
ক'লো- মই আগতেই মোৰ স্ত্ৰী ঠিক কৰি থৈছো।
ধেৎ ! বৰ নিৰ্লজ ল’ৰা৷
ইংৰাজী পঢ়িলে ল’ৰা খ্ৰীষ্টান হৈ যায়। তই কাক পচন্দ কৰিছ?
কোনোবা মেম নেকি?
নহয় আই, মই আনন্দস্বৰূপৰ
ছোৱালী প্রভাক.......
মোৰ বাক্য সম্পূৰ্ণ হোৱাৰ আগতেই দেউতা
আহি তাত উপস্থিত হ’ল। হয়তো তেওঁ আলেঙে আলেঙে আমাৰ কথোপকথন শুনি
আছিল৷ তেওঁ আহিয়ে গৰজি উঠিল- তোৰ কাৰণে আমাৰ ঘৰ-পৰিয়াল খ্ৰীষ্টান নহ’ব
নহয়। আনন্দস্বৰূপ জাতি-চ্যুত। তাৰ ছোৱালীৰ লগত তোৰ বিবাহ কেতিয়াও হ’ব
নোৱাৰে। মই য’ত ঠিক কৰিছো, তই তাতেই বিবাহ
কৰাব লাগিব। আমিতো তোৰ অহিত চিন্তক নহওঁ।
সিদিনা খুবেই মনোমুগ্ধকৰ নিশা আছিল। চ'তৰ
পূৰ্ণচন্দ্ৰ বাবু আনন্দস্বৰূপৰ উদ্যানত নাচি আছিল। গোলাপৰ সুন্দৰ কলি আৰু
ফুটন্ত ফুলবোৰ মধুকৰৰ কৰৰ স্পৰ্শত মতলীয়া হৈ হাঁহি আছিল। মৃদুমন্দ মলয়পৱন
উদ্যানৰ সৌন্দৰ্যত মুগ্ধ হৈ মতলীয়া হৈ উঠিছিল। মলয়ৰ স্থিৰতা নাছিল। প্রভা
মোৰ কাষত বহি ফোৱাৰাৰ পানীৰ লগত ক্রীড়া কৰি আছিল।
মই ক'লো- অস্পৃশ্য।
এই মনোহৰ ব্যংগপূর্ণ নামেৰে তাইক মই
সম্বোধন কৰিছিলো।
তাই ক’লে- দেৱতা।
বৰ বিকট সমস্যা। মূৰে কাম কৰা নাই।
একা নহয়, দেৱতা ! তুমি
বিয়া কৰোৱা।
বিয়া কাম? কেনেকৈ? হৃদয়ত
শিল স্থাপন কৰি নেকি ? তুমি ভাবিছা নেকি, তোমাৰ বাহিৰে মই
যাক বিয়া কৰাম তাইক মই সুখী কৰিব পাৰিম? কেতিয়াও নহয় ।
তেনেহ'লে এজনী হিন্দু ললনাৰ সুখ নাশ কৰাৰ মোৰ কি অধিকাৰ আছে? এজনীয়ে বা
কিয়..... তুমি...... তোমাক আৰু স্বয়ং নিজক।
মোৰ চিন্তা কৰিছা কিয়, দেৱতা?
হিন্দু ললনাই সংযম ৰাখিব জানে। সমাজে আমাক অস্পৃশ্য কৰি আৰু
স্বতন্ত্ৰ কৰি দিছে। মোৰ ওপৰত যিয়েই নপৰক কিয়, সেয়া
মই ভোগ কৰিবলৈ প্ৰস্তুত। তুমি সন্তুষ্ট হোৱা, দেৱতা। মোৰ দৰে
পাপীৰ কাৰণে তুমি নিজৰ জীৱন কিয় নষ্ট কৰিবা? মই
তোমাক প্ৰসন্ন হৃদয়েৰে পৰামৰ্শ দিছো.…….... প্ৰাৰ্থনা
কৰো... তুমি বিয়া কৰোৱা।
মোৰ বিয়াৰ পাছত তুমি কি কৰিবা?
কিনো আৰু কৰিম? কেতিয়াবা
ঠাণ্ডা উশাহ টানিম, কেতিয়াবা কান্দিম আৰু কেতিয়াবা দুর্ভাগ্যৰ
কাৰণে হাঁহিম। ইয়াৰ বাহিৰে আৰু কিনো কৰিব পাৰিম? থাকিল
মোৰ বিয়াৰ প্ৰশ্ন। ইয়াৰ কাৰণে মই নিশ্চয় কৰি লৈছো। মই জানো, প্রথমে দেউতাই
মোৰ ওপৰত অনুচিত হেঁচা প্ৰয়োগ নকৰে। তথাপি যদি তেওঁ তেনেকুৱাই কৰে... মোৰ বিয়াৰ
সম্বন্ধ ক’ৰবাত ঠিক কৰে.….... তেনেহলে মোৰ
কাৰণে অধিক সুখ হ’ব আত্মহত্যা। মই সমাজৰ চৰণত আত্মবলিদান দিম।
তুমি বিয়া কৰোৱা।
মই ক'লো- অস্পৃশ্য!
তাই ক'লে- দেৱতা।
মোৰ চেঁচা উশাহে ক'বলৈ
ধৰিলে- মই অস্পৃশ্যৰ লগত বিয়া পতাৰ কথা শুনিলে আয়ে আত্মহত্যা কৰিব। আজি মই তাইক
তাইৰ ইচ্ছানুসাৰে বিয়া কৰোৱাৰ খবৰ দিম নহ’লে কাইলৈ শ্মশান যাত্ৰা কৰিম।
প্ৰভাৰ চেঁচা উশাহে ক’লে-দেৱতা,
তোমাৰ সুখেই মোৰ সুখ। তুমি বিয়া কৰোৱা। আইৰ মহত্ব খুবেই উচ্চ। মাকৰ
আগত স্ত্ৰী
তুচ্ছ- হেয়। আইৰ প্ৰেমৰ দৰে প্ৰেম ক’তো পোৱা সম্ভৱ নহয়। তুমি মাকৰ আজ্ঞা
পালন কৰাগৈ।
অস্পৃশ্য!
দেৱতা!
ব’লা, ক’ৰবালৈ
পলাই যাওঁগৈ৷ ইয়াত নাথাকিলে ইয়াৰ বিপত্তি মূৰৰ ওপৰত বৰ্ষণ নহ’ব।
কিছুদিনৰ ভিতৰতে সকলো ঠিক হৈ যাবহি।
নাই নাই, দেৱতা! সমাজে কি
বুলি ক’ব? যাপি এই অৱস্থাত তোমাৰ মাক-দেউতাকৰ অৱস্থা কি হ’ব
ভাবি চাইছা জানো?
পলাই যাম কিয় ? কৰ্তব্য পালন কৰা। ৰামৰ অনুসৰণ কৰা,
মেৱাৰৰ ভীম সিঙৰ বাটত বাট বুলা। মোৰ কাৰণে কিয় কর্তব্য ভ্রষ্ট হ’বা?
তুমি কিয় মোৰ অকর্মণ্য দেৱতা হ’ব বিচাৰিছা?
তুমি বিয়া কৰোৱা-
মোৰ মূৰটো চক্রাকাৰে ঘূৰিবলৈ ধৰিলে,
মই ব্যস্ত হৈ উঠিলো। ক’লো- অস্পৃশ্য কিবা এটা গীত গোৱা।
গীত? তোমাৰ পচন্দৰ?
হয় গোৱা। কিবা এটা গোৱা, মই
পচন্দ কৰিম।
অস্পৃশ্যই গাবলৈ ধৰিলে.......
চেঁচা উশাহেৰে ভৰা আছিল সেই গীত। হৃদয়
বিদাৰক, লোতকেৰে লেখা সেই সংগীত, কৰুণাৰে ভৰা কোমল সুৰ- ভুৱন
ভুলোৱা- মনমোহিনী আছিল সেই গীত। অস্পৃশ্যৰ কণ্ঠৰপৰা নিগৰাৰ লগে লগে মলয়-সমীৰণে
সেই সুৰ আঁকোৱালি ল’লে ৷ সমীৰৰ পৰা সেই দিব্যধ্বনি নিশা
সুন্দৰীৰ বুকুত আৰু নিশা সুন্দৰী বুকুৰপৰা অনন্ত আকাশৰ বিশাল হৃদয়ত মোৰ সুখৰ দৰে
লীন হৈ গ'ল। হায়!
মোৰ বিয়া হৈ গ'ল। মোৰ স্ত্ৰী
আমাৰ ঘৰলৈ অহা বিছ দিনতকৈও অধিক হৈ হ’ল। ইয়াৰ মাজত মই এদিনৰ কাৰণেও অস্পৃশ্যৰ
লগত দেখা কৰাৰ কাৰণে সাহস গোটাব নোৱৰিলো। কোনখন মুখ লৈ মই তাইৰ লগত দেখা কৰিবলৈ
যাম? তাইৰ ক্ষত-বিক্ষত হৃদয়ত কোনটো মলম লগাম? কিন্তু
আজি আত্মহত্যাৰ দিন- তাইৰ লগত মিলিত হ’বলৈ মোৰ ইচ্ছা উপজিল। কিয়নো
আজিৰপৰা দেৱ-পূজন সমাপ্ত হৈ যাব। আজি মই মোৰ প্ৰকৃত স্ত্ৰীৰ লগত সাক্ষাৎ কৰিবই
লাগিব।
মোক দেখিয়ে অস্পৃশ্যই মিচিকিয়া হাঁহি
মাৰি ক'লে- স্বাগতম।
মই ক'লো- অস্পৃশ্য।
তাই ক’লে- কওঁক।
দেৱতা বুলি মাতা। সেই প্রিয়
সম্ভাষণেৰে আজি এই হতভাগ্যক সম্বোধন কৰা।
দেৱতা।
আজি আমাৰ সৌভাগ্যৰ নিশা। আজি মই মোৰ
সামাজিক স্ত্ৰীৰ লগত মিলিত হ’ম। সেয়ে অন্তিম বিদায় লোৱাৰ কাৰণে আহিছো।
অন্তিম বিদায়!
এৰা, অন্তিম বিদায়।
এতিয়া তোমাৰ কাৰণে মই বেলেগৰ পতি হৈ আছো।
কিন্তু মইতো বেলেগৰ স্ত্ৰী হ’ব
নোৱাৰিম। মইতো এতিয়ালৈকে বিয়া কৰোৱা নাই। নকৰামো।
কিন্তু অস্পৃশ্য! এতিয়া আমি পুনৰ একলগ
হ’ব নোৱাৰিম। মোক বিদায় দিয়া। মোৰ কাৰণে দুখ নকৰিবা।
ইয়াৰ পাছত মই মোৰ প্ৰকৃত স্ত্রী
অস্পৃশ্যক প্ৰথম আৰু অন্তিমবাৰৰ কাৰণে চুম্বন কৰিলো। আমি পৰষ্পৰে পৰষ্পৰক সাৱটি
ধৰি প্ৰথম আৰু অন্তিমবাৰৰ কাৰণে কান্দিলো। আধা ঘণ্টাৰ ভিতৰত মই প্রভাহঁতৰ ঘৰৰ পৰা
উভতি আহিলো।
আহাৰ গ্ৰহণ কৰাৰ পাছত, ভয়ংকৰ
বিহৰ বটল জেপত ভৰাই কেলি মন্দিৰত প্ৰৱেশ কৰিলো। কিন্তু এয়া কি? দুৱাৰৰ ওপৰত
মই মোৰ নৱ বিবাহিতা স্ত্রীক পুষ্প শয্যাৰ ওপৰত শুই ছট্ফটাই থকা দেখিলো। তাইৰ
ধুনীয়া মুখমণ্ডল লোতকেৰে উপচি আছিল।
স্ত্ৰীৰ কাহিনী
মোৰ স্ত্ৰীয়ে উত্তেজিত কণ্ঠত ক’লে-
মই আপোনাৰ নহয়।
মই ব্যংগপূৰ্ণ হাঁহি মাৰি ক'লো-
তেনেহ'লে মই তোমাৰ পতিয়ে বা ক’ত? তুমি মোৰ বিষয়ে
কিবা জানিছা নেকি?
নাই নাই, মই আপোনাৰ
বিষয়ে একোকে নাজানো। স্বয়ং মোৰ এটি ডাঙৰ কাহিনী আছে। মোক বলপূর্বক আপোনাৰ স্ত্ৰী বনোৱা
হৈছে।
মই-বলপূর্বক! সেয়া কেনেকৈ? মইতো
তোমাক বিয়া কৰাইছো। তুমিতো মোৰ পাণিগৃহীতা।
স্ত্ৰী-হ’ব পাৰো। সমাজে
মোক আপোনাৰ স্ত্ৰী বুলি মানিব পাৰে, কিন্তু মই আপোনাক প্ৰতাৰণা কৰি নিজৰ
ধৰ্ম নষ্ট কৰিব নোৱাৰিম ৷ মোক পতিত বুলি ভাবক, চণ্ডালিনী
বুলি ভাবক, কিন্তু অসতী বুলি নাভাবিব ৷ মোৰ মাক-দেউতাকে
বলপূর্বকভাবে মোক বেলেগৰ হাতত সমৰ্পণ কৰিছে।
মই- খোলা-খুলিকৈ কোৱা। কেনেকৈ?
স্ত্ৰী- মোৰ দেউতা কাশীৰ এগৰাকী
ধনী-মানী ব্যক্তি, এয়া আপুনি নিশ্চয় জানে। মোৰ ডাঙৰ বাইদেৱৰ
বিয়া কাশীতে হৈছে। তাইৰ গিৰিয়েক প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল।
আমাৰ ইয়াত জোঁৱায়েকহঁতৰ বৰ সন্মান-- হয়তো সমগ্ৰ ভাৰতবৰ্ষতকৈ অধিক।
ফলত ভিনদেউ আমাৰ ঘৰলৈ সদায় অহা-যোৱা কৰিছিল। আমাৰ সমাজত সৰু ভনীয়েকে- লাগিলে তাই
যুৱতীয়ে নহওঁক
কিয়-- খোলা-খুলি ভাবে বাইদেৱেকৰ পতিৰ সন্মুখলৈ আহিব পাৰে। সিহঁতৰ লগত পৰিহাস কৰে।
সমাজে ইয়াত কোনো ধৰণৰ দোষ নেদেখে। সমাজৰ এই নিয়মৰ কাৰণে
মোৰ সৰ্বনাশ হৈছে। মোৰ ভিনদেউ খুবেই ধুনীয়া, হাঁহিমুখীয়া
আৰু ভাবুক
প্রকৃতিৰ। পৰিচয় গাঢ় হোৱাৰ লগে লগে তাৰ লগত মোৰ প্ৰেম হৈ গ'ল।
ফলত সি আমাৰ ঘৰলৈ আহিলে অধিক সময় মোৰ লগতে অতিবাহিত কৰা হ’ল।
ঘৰৰ মানুহে ভাবিছিল, সৰু ভনীয়েকে বাইদেৱেকৰ কাৰণে তাইৰ পতিক মৰম
কৰে। কিন্তু
মইতো নিজৰ সৰ্বস্ব তাৰ চৰণত সমৰ্পণ কৰিছিলো ৷ সি মোক কথা দিছিল যে, দেউতাক
কৈ সি মোকো বিয়া কৰাব। কথা কিমান দিনলৈ গোপন থাকে, বাইদেৱে
সকলো গম পালে।
কিন্তু কেতিয়া?
যেতিয়া মোক দহ পোন্ধৰ দিনৰ........
লাজত মোৰ স্ত্ৰীৰ মুখমণ্ডল ৰক্তিম হৈ
উঠিল। এনেকুৱা ধাৰণা হ’ল যেন ধৰণী ফাট মেলিলে তাই তাত লুকালেহেঁতেন। মই
তাইক আশ্বাস দিলো- কোৱা ৰৈ গ'লা কিয় ? আমি দুয়ো একে
ৰোগৰে চিকাৰ হৈছো।
স্ত্ৰী- পাছত আৰু কি? কেউফালে
হৈ-চৈ লাগি গ'ল। মোৰ বিয়াৰ বাবে আটায়ে ব্যস্ত হৈ উঠিল। মই
মোৰ আইৰ সন্মুখত কান্দি কান্দি, উচুপি উচুপি মোৰ
দুখৰ কাহিনী ক’লো। মই ভিনদেৱৰ লগত বিয়াত সুমুৱাৰ ইচ্ছা প্ৰকট
কৰিলো। কিন্তু সকলো ব্যর্থ হ’ল। সমাজৰ ভয়ত,
মিছা মৰ্যদা ৰক্ষাৰ কাৰণে, মই আপোনাৰ ডিঙিত মালা পিন্ধাবলৈ বাধ্য
হ’লো ৷ এতিয়া মই দুই মাহৰ গৰ্ভৱতী। মই আপোনাৰ চৰণত স্থান পোৱাৰ
যোগ্য নহওঁ। মোৰ কাৰণে ক'ৰবাত বিহ পোৱা নাযাব নেকি? মই
আত্মহত্যা কৰিম।
মোক পায় কোনে? ৰোগীয়ে ভবা
ধৰণেই বৈদ্যই বিধান দিলে। মোৰ মৃত্যুৰ দুৱাৰ নিৰ্বিঘ্নে খোল খাই গ'ল।
মই মোৰ নিজৰ
কাহিনী ছোৱালীজনীক শুনাই, বিহৰ বটল দেখুৱাই ক’লো-
ভনী। আহা, এই অমৃত পান কৰি আমি দুয়ো অমৰ হৈ যাওঁ। সংসাৰ আমাৰ কাৰণে সৃষ্টি হোৱা
নাই।
হতভাগ্য ছোৱালীজনীক আধা বটল বিহ দি
বাকীখিনিৰ সৎকাৰ মই নিজে কৰিলো আৰু দুয়ো শুই পৰিলো। আমাৰ আত্মহত্যাৰ বাবে যদি কোনোবা দায়ী হয়,
তেনেহ'লে সেয়া এই পাষাণ হৃদয় সমাজ। পুলিচ আৰু
চৰকাৰে ফাঁচি দিব বিচাৰিলে সেই হত্যাকাৰীক দিয়ক, এই
সমাজৰ নাশেই হ’ব আমাৰ প্ৰতিশোধ।
লেখকৰ কথন
সমাজৰ জয় হওঁক।
সমাজ চিৰঞ্জীৱী হওঁক। *
পেড়া ভৰা সাপ
সুসজ্জিত কোঠালিৰ ভিতৰত সন্তৰ্পিত
পদক্ষেপত প্ৰৱেশ কৰি বিচাৰক মণ্ডলীক অভিবাদন জনাই নতুন প্ৰাৰ্থীয়ে ক’লে-
গুড্ মৰ্ণিং ছাৰৰ্ছ।
আগন্তুকক নিৰীক্ষণ কৰি বোৰ্ডৰ
চেয়াৰমেন শ্ৰী মেননে মুখত হাঁহিৰ ৰেখা ফুটাই ‘গুড্ মৰ্ণিং’
বুলি সঁহাৰি জনাই তেওঁৰ সন্মুখত খালী পৰি থকা চকীৰ ফালে
আঙুলিয়াই ক'লে- আহা, তাত বহা।
শৰীৰটো সন্মুখৰ ফালে সামান্য হলাই
প্রার্থীজনে সসভ্রমে ‘থেংক ইউ' বুলি কৈ অতি
সন্তর্পণে চকীখনত বহি পৰিল। অৰ্দ্ধচক্রাকাৰে বহি থকা বিচাৰকমণ্ডলীৰ
ছযোৰ আঁখিয়ে তাক চিৰাচিৰ কৰিবলৈ ধৰিলে।
প্ৰাৰ্থীৰ আবেদন পত্ৰত চকু ফুৰাই
চেয়াৰমেনে সাদৰ সম্ভাষণ জনালে- তোমাৰ নাম?
প্ৰাৰ্থীয়ে উত্তৰ দিলে- নাগেন্দ্ৰ
শৰ্মা।
এন, এ’ ত ‘না’
নহৈ ‘ন’ওতো হ’ব পাৰে। মন্তব্য
কৰিলে চেয়াৰমেনে । আৰু প্ৰশ্ন সুধিলে- নগেন্দ্ৰৰ অৰ্থ কি হ’ব?
কিন্তু মোৰ নাম নাগেন্দ্ৰ, ছাৰ।
হয়, তোমাৰ নামতো
নাগেন্দ্র- বেচ, নামটো বৰ ভাল। বাৰু, নাগেন্দ্ৰৰ
আক্ষৰিক অর্থ কি?
নাগবোৰৰ ইন্দ্ৰ বা ৰজা।
কোন?
অনন্ত বাসুকী।
বেচ- আৰু নগেন্দ্ৰৰ? সুধিলে
চেয়াৰমেনে।
মোৰ নাম নগেন্দ্ৰ নহয়, ছাৰ-
নাগেন্দ্ৰ।
সেয়া মই বুজিছো- নগেন্দ্ৰৰ অৰ্থ কি
তাকে চেয়াৰমেনে সুধিছে- হিমালযর নাম নগাধিৰাজ। জানা নেকি? কাষৰ চকীত
বহি থকা প্ৰফেছৰ সিঙে টিপ্পনী কৰিলে। প্ৰাৰ্থীজন কিন্তু মনে মনে বহি থাকিল।
দৰখাস্তৰ ফালে চকু ফুৰাই চেয়াৰমেনে
গুন্গুনালে- হ’বি- ফটোগ্রাফী। ফটোগ্রাফী- খুব ভাল কথা। কি
কেমেৰা ব্যৱহাৰ
কৰা?
প্ৰাৰ্থীয়ে উত্তৰ দিলে- মোৰ কোনো
কেমেৰা নাই, ছাৰ।
তেনেহ'লে হ’বি
ফটোগ্রাফী বুলি লেখিছা কিয়?
আমাৰ কলেজৰ ফটোগ্রাফী ক্লাৱৰ মই এজন
সদস্য আছিলো, ছাৰ।
বাৰু, সেই ক্লাৱত কি
কি কেমেৰা আছিল?
এইবাৰ সেপ ঢুকিলে শৰ্মাই। কিছু সময়
পাছত ক'লে- আইছো- আইছোলি।
আৰু?
শৰ্মাক নিৰুত্তৰ দেখি চেয়াৰমেনে পুনৰ
সুধিলে- আইছোলি ভাৰতত তৈয়াৰী নেকি?
নহয়, ছাৰ, জার্মান।
কি ফিল্ম ব্যৱহাৰ কৰিছিলা? চেয়াৰমেনে
সুধিলে।
জার্মান- পুনৰ উত্তৰ দিলে শৰ্মাই।
ফটোগ্রাফী ফিল্ম ভাৰতত তৈয়াৰ নহয়
নেকি? আৰু যদি হয়, ক’ত তৈয়াৰ কৰা
হয়, ক’ব পাৰিবা?
শৰ্মাৰ মুখমণ্ডল শেঁতা পৰি গ'ল।
তাক উৎসাহিত কৰাৰ কাৰণে চেয়াৰমেনে ক’লে- নাজানা যদি কোনো চিন্তা নাই।
তাৰ পাছত তেওঁৰ বাঁওকাষে বহি থকা প্ৰফেছৰ সিঙক প্রশ্ন কৰাৰ কাৰণে ইংগিত কৰিলে।
প্ৰফেছৰ সিঙে আৰম্ভ কৰিলে- বাৰু
মিষ্টাৰ শৰ্মা, তোমাৰ ঘৰ উত্তৰ প্ৰদেশত। মুৰাদাবাদত।
দিল্লীৰপৰা মুৰাদাবাদ কিমান দূৰ?
১৯০ মাইল।
ৰাস্তাত কে’বাটাও চহৰ পৰে।
এটি বিখ্যাত তীৰ্থস্থানো পৰে। কি কি নদী পৰে ক'ব পাৰিবা ?
যমুনা।
আৰু?
সেইবোৰ সৰু সৰু নদী- মই সেইবোৰৰ নাম
নাজানো।
এটি খুব ডাঙৰ নদী পৰে।
শর্মাক মনে মনে থকা দেখি ড০ চৌধুৰীয়ে
সজাগ কৰি দিবলৈ ক’লে- খুবেই পবিত্র নদী।
শৰ্মাই ক'লে- ৰাম গংগা।
ৰাম গংগাতো ওপৰৰ ফালে থাকিল।
পুনৰ মনে মনে থাকিল শর্মা।
গংগা নদী পাৰ নহৈ তুমি মোৰাদাবাদলৈ যাব
পাৰিবা নেকি? গংগাৰ পাৰত হাপুৰ- গড় মুণ্ডেশ্বৰ-ৰাম নৱমীৰ সময়ত
তাত খুব ডাঙৰ
যাত্রা হয়। জানা নেকি? অসহিষ্ণুভাবে
কৈ গ'ল ড০ চৌধুৰীয়ে।
শৰ্মাই ক'লে- মই খুবেই
দুঃখিত, ছাৰ।
পুনৰ ড০ চৌধুৰীয়ে সুধিলে-শৰ্মা,
চৰ্দাৰ পেটেলৰ নাম শুনিছা নেকি?
শৰ্মাই ক'লে- হয়,
শুনিছো।
তেওঁ কোন?
ৰজাসকলক বুজাই তেওঁ ভাৰতৰ দেশীয়
ৰজাসকলক ভাৰতৰ লগত চামিল কৰিছিল- উত্তৰ দিলে শৰ্মাই।
বাৰু, পুলিচ ‘একচন’
ক’ত হৈছিল?
পুলিচ একচন? মই নাজানো।
নিজামৰ হায়দৰাবাদ কেনেকৈ চামিল কৰিছিল?
শৰ্মা নিৰুৰ্ত্তৰ।
বাৰু, জন্মু কাশ্মীৰ
ভাৰতৰ লগত কেনেকৈ চামিল হ’ল, কোৱাচোন?
শ্বেখ আবদুল্লাই চামিল কৰিছিল।
কাশ্মীৰ ভাৰতৰ লগত চামিল কৰিবলৈ
আবদুল্লাৰ কি ক্ষমতা আছিল যে তেওঁ ভাৰতৰ লগত চামিল কৰিলে?
পাকিস্তানীসকল ভাৰতত অনুপ্ৰৱেশ কৰাৰ
কাৰণে।
ধৰিলোঁ, সিহঁতে ভাৰতত
অনুপ্ৰৱেশ কৰিছিল, তাৰ কাৰণে শ্বেখ আবদুল্লাই কিয় চামিল কৰিব?
শৰ্মা পুনৰ মনে মনে থাকিল।
তাৰ পাছত ড০ চৌধুৰীয়ে কে’বাটাও
প্রশ্ন কৰিলে। মৌলনা আজাদ কোন? পণ্ডিত মালৱ্য? ইকবাল? ভগত
সিং...…....
এইবাৰ কৃষ্ণমূৰ্ত্তিৰ পাল৷ তেওঁ
সুধিলে-মিষ্টাৰ শৰ্মা- কেমেৰাৰ ৰীল ২.৮ বুলি ক'লে কি বুজায় ক’ব
পাৰিবা?
কাঁচৰ ব্যাস।
৪.৬, ২.৮ তকৈ বেছি
শক্তিশালী নেকি?
কেমেৰা সম্বন্ধে আৰু কে’বাটাও
প্ৰশ্নৰ সঠিক উত্তৰ নাপাই তেওঁ অধৈৰ্য হৈ টিপ্পনী কাঢ়িলে- নাজানে যদি হ’বি
ফটোগ্রাফী কিয় লেখিছিল?
শৰ্মাই ক'লে- আই, এম
ছ'ৰি ছাৰ।
বাৰু, আৰু মাথোন এটা
প্রশ্ন। বতাহত কি কি আছে?
নাইট্রোজেন, অক্সিজেন।
আৰু?
কার্বন ডাইঅক্সাইড।
কার্বন ডাইঅক্সাইড মানুহৰ কাৰণে বিহ।
কাৰ কাৰণে ই ভাল ?
এইদৰে আৰু কে’বাটাও প্রশ্ন
কৰিলে।
এইবাৰ প্ৰফেছৰ সেনৰ পাল। তেওঁ ক'লে-বাৰু,
শৰ্মা- তুমি আমাৰ সমাজত কিবা গোলমাল দেখা পাইছা নেকি? মানে
বিশৃংখল....এই ধৰা প্ৰতাৰণা, ভণ্ডামী। বুজিব পাৰিছা নেকি মই কি ক'ব
খুজিছো? উচ্ছৃংখলতা। তুমি হ’লা এজন বৈজ্ঞানিক। বৈজ্ঞানিকসকলে সকলো
কথা দকৈ ভাবি চায়। তুমি কি ভাবিছা?
শৰ্মাই ক’লে- ছাৰ-
মই....আকৌ এবাৰ কওঁক ।
এই ধৰা গৰিবী- ধনী আৰু অধিক ধনী হৈ
গৈছে- গৰিব আৰু অধিক গৰিব হৈ গৈছে। ক্ষমতালিপ্সা-বুজিব পাৰিছানে মই কি ক’ব খুজিছো?
ছাৰ, মই......
প্ৰফেছৰ সেনে শৰ্মাৰ মুখৰপৰা কথাটো
কাঢ়ি আনি ক’লে-তোমালোক হ’লা একো একোজন
যুৱক, আমি হ'লো বৃদ্ধ। তোমালোকৰ হাততে জাতিৰ ভৱিষ্যত- এই পৃথিবীৰ
ভৱিষ্যত। বুজিছানে মই কি ক'ব খুজিছো? তুমি এজন
বৈজ্ঞানিক- মই সেই কাৰণে সুধিছো। তুমি কি ক’বা?
দুই হাতৰ আঙুলি শূন্যত বৃত্তাকাৰে
ঘূৰাই আনি পুনৰ ক’লে- তুমি কি ভাবিছা?
ছাৰ মই....…....
শৰ্মাই ‘মই’ বুলি
কোৱাৰ লগে লগে প্ৰফেছৰ সেন পুনৰ কৈ উঠিল- হেৰা যুৱক বন্ধু- এতিয়া একো কোৱাৰ
প্ৰয়োজন নাই। তুমি এই কথা খন্তেক ভাবা। সকলো ছাৰখাৰ হৈ গ'ল৷
এয়া এতিয়া সমাজ হৈ থকা নাই। গান্ধী, টেগোৰ! তুমি কি ভাবিছা? তোমাৰ
লগত চিনা-পৰিচয় হোৱাৰ কাৰণে মই খুবেই সুখী। - তাৰ পাছত তেওঁ হাত আগবঢ়াই দিলে ড০
চিৰাজুদ্দিনৰ ফালে।
এইবাৰ চিৰাজুদ্দিনে সুধিলে- সেউজ
বিপ্লৱ কি? শ্বেত বিপ্লৱ? চেয়াৰমেনে
হাঁহি মাৰি ইয়াৰ লগত যোগ দিলে-নীল বিপ্লৱ?
শৰ্মাক মনে মনে থকা দেখি ক'লে-সমুদ্ৰৰ
ৰং। সমুদ্ৰত কি থাকে? মাছ নহয়নে? নীল বিপ্লৱ হ'ল
অধিক মাছ উৎপাদন। আৰু শ্বেত বিপ্লৱ অধিক গাখীৰ
শৰ্মাই ক'লে- থেংক ইউ,
ছাৰ।
চেয়াৰমেনে শেষৰটো প্রশ্ন সুধিলে-
কুতুব মিনাৰ বেছি ওখ, নে ইণ্ডিয়া গেট?
শৰ্মাই উত্তৰ দিলে- কুতুব মিনাৰ।
চেয়াৰমেনে ক’লে- চাবাচ্,
ধন্যবাদ।
থেংক ইউ, ছাৰ।
শর্মা ওলাই গৈ আছিল। সেই ছযোৰ চকুৱে
তাৰ সুন্দৰ চ্যুট, খোজকঢ়া আৰু দুৱাৰ খোলাৰ ধৰণ প্ৰত্যক্ষ কৰি
আছিল। দুৱাৰ বন্ধ হোৱাৰ পাছত চেয়াৰমেনে ক’লে- যুৱকজনক
চালেনে? কোনো কোচিং ক্লাচৱালাই হয়তো শিখাই দিছে। গৰমৰ দিনত এনেকুৱা চ্যুট! চ্যুটৰ
কাট-ছাট দেখিলেনে? আৰু চৰকাৰে চাৰ্ভিচ কমিছনক দোষ দিব যে আমি
এনেকুৱা বেশ-ভূষাক প্রোৎসাহিত কৰিছো। বাৰু, মার্ক কিমান
দিব, প্ৰফেছৰ সিং, ড০ চৌধুৰী?
তেনেই চঞ্চল। গভীৰ্তা মুঠেই নাই।- এজনে
ক'লে।
একেবাৰে লেহেম- কথাবোৰ সহজে ধৰিব পৰা
নাই। প্রতিক্রিয়া একেবাৰে মন্থৰ। নজনা কথাটোক পোনপটীয়াভাবে ‘মই
নাজানো’ বুলি
কোৱা নাই। বেলেগ এজনে মন্তব্য কৰিলে।
দ’কৈ ভাবিবপৰা
শক্তিৰ অভাৱ। কোনো কামৰ নেতৃত্ব দিয়াৰ যোগ্যতা মুঠেই নাই..…..….
কিন্তু বেচেৰাৰ চাল-চলন খুব ভাল। কথা
কোৱাৰ ভংগীও বেয়া নহয়.....…...…...
কলিংবেল বজাৰ কিছু সময় পাছত পুনৰ
দুৱাৰ খোল খালে। এইবাৰ প্ৰৱেশ কৰিলে এজনী যুৱতী। বগা লাহী- সেউজীয়া ৰঙৰ ‘টেৰিকটন’
শাৰী, মেচিং হাতকটা ব্লাউজ- বব কাট হেয়াৰ- ঈষৎ
হালধীয়া হেণ্ডবেগ।
গুডমর্ণিং, ছাৰ্ছ।
গুডমর্ণিং.....কাম ইন.... টেক্ ইউৰ
চিট। কোনো লেডি মেম্বৰ নাই বুলি তুমি দুঃখিত নেকি? হাঁহি হাঁহি
চেয়াৰমেনে সুধিলে।
সামান্য হাঁহি মাৰি শাড়ী ঠিক কৰি যুৱতীজনীয়ে
উত্তৰ দিলে- নো ছাৰ।
তোমাৰ নাম ?
কুমাৰী সুদ্
বেচ ভাল নাম- কি চাকৰি পছন্দ কৰিছা?
অ’ পুলিচৰ চাকৰি। বাৰু হ'বি-নাচ-গান।
নাচ! বাৰু, আমাৰ দেশত কি কি শাস্ত্রীয় নৃত্য আছে?
কোলাৰ কথাক’লি, তামিলনাডু
আৰু কৰ্ণাটকৰ ভাৰতনাট্যম্, অন্ধ্ৰৰ কুচিপুড়ী, উড়িষ্যাৰ
উডিচী, অসমৰ বিহু, উত্তৰৰ কথক। মোৰ কথক খুব ভাল লাগে, আৰু
মই কথক নাচো। বেচ সহজ সৰলভাবে কৈ গ'ল কুমাৰী সুদে।
তুমিতো এতিয়া কলেজৰ লেক্চাৰাৰ- পুলিচৰ
চাকৰিত কিয় সোমাব খুজিছা ?
মই বেৰেৰে আগুৰা ঘৰৰ ভিতৰত বন্দী হৈ
থাকিব নিবিচাৰো। মই এজনী কৰ্ম কৰা ছোৱালী- মই বিচাৰো গতি- মুক্ত আকাশৰ তলত সুশৃংখল
গতি। বাহিৰত ল'ৰাবোৰে যিবোৰ কাম কৰিছে, ময়ো সেইবোৰ
কৰিব বিচাৰো।
বাৰু, তুমি তেনেহ'লে
ভাবিছা নেকি যে ল’ৰাবোৰেও বন্ধা-বঢ়া শিখক- ল’ৰা-ছোৱালী
চম্ভালক- ঘৰ-গৃহস্থালি...…..….
চেয়াৰমেনৰ মুখৰপৰা কথা কাঢ়ি নিলে
কুমাৰী সুদে। ক’লে-নিশ্চয়-ল’ৰাবোৰেও নিশ্চয়
ৰন্ধা-বঢ়া শিকিব লাগিব। ময়ো এদিন বিয়া হ’ম-পুলিচৰ কাম
কৰি ঘৰলৈ অহাৰ পাছত মোৰ স্বামীয়ে চকীত বহি তাৰ ভৰিযোৰ মেলি দিব আৰু মই তাৰ জোতাৰ
ফিতা ঢিলা কৰি জোতা-মোজা খুলি, বাবুৰ টাই খুলি
দি স্বামী সেৱা কৰাৰ কাৰণে ৰান্ধনিশাললৈ দৌৰি যাম ! এয়া মই কেতিয়াও নিবিচাৰো- নো
নেভাৰ।
খন্তেকৰ কাৰণে চেয়াৰমেনৰ চকুযোৰ জ্বলি
উঠা যেন ধাৰণা হ'ল। কিন্তু তেওঁ পুনৰ কোনো প্রশ্ন নুসুধি
প্ৰফেছৰ চিৰাজুদ্দিনৰ ফালে হাত আগবঢ়ালে। প্ৰফেছৰ চিৰাজুদ্দিন
ৰাজনীতি বিজ্ঞানৰ ওপৰত কেইটামান প্রশ্ন সুধিলে। নামিবিয়াত কি চলিছে-ব য়াৰ লগত
সংঘৰ্ষৰ কাৰণ,
চোমালিয়াত চোভিয়েত ৰাচিয়াৰ মিলিটাৰী ঘাটি আছিল; তেনেহ'লে
কিয় চোমালিয়াই হাভানাত নিৰপেক্ষ দেশবোৰৰ সন্মিলন অনুষ্ঠিত নকৰি বেলেগ কোনোবা দেশত
অনুষ্ঠিত কৰাৰ কাৰণে অনুৰোধ কৰিছে- মিছৰ কিয় আৰব লীগৰপৰা বেলেগ হৈ গ'ল। ইছলামিক
অৰ্দ্ধচন্দ্ৰ কি- ভুট্টোৰ মৃত্যুৰ পাছত ভাৰতৰ ওপৰত পুনৰ কি ধৰণৰ বিপদৰ সম্ভাৱনা হ’ব
পাৰে- আৰু কে’বাটাও প্রশ্ন।
বেচ উত্তৰ দি গ'ল কুমাৰী সুদ।
তাৰ পাছত ড০ চৌধুৰী। তেওঁ সুধিলে- সুষম
খাদ্যৰ কথা; আৰু কোন খাদ্যত এ, বি, চি
ইত্যাদি খাদ্যপ্রাণ আছে- শাকত কি আছে- ভাৰতৰ বহুতে মাছ, মঙহ
নাখায়- সিহঁতে প্রোটিন ক’ৰ পৰা পায়....... ইত্যাদি।
এইবাৰ প্ৰফেছৰ সিঙৰ পাল পৰিল। তেওঁ ক'লে-
মিচ সুদ্, তুমিতো আজিৰ সমাজ ব্যৱস্থা দেখিছা, বিশৃংখল- চুৰি,
ডকাইতি, লুটপাত- মিৰাট বিশ্ববিদ্যালয়ৰ কথা...তুমি এই
বিষয়ে কি ভাবিছা?
মিচ সুদ্– আপুনি কি সুধিছে
মই ধৰিব পৰা নাই।
প্ৰফেছৰ সেন- মই সুধিছো, তুমি
এই সমাজৰ অৱস্থা দেখি কি ভাবিছা? এই দেশত শিখসকলৰ মাজত আকালি-নিৰংকৰী,
মুছলমানৰ
মাজত ছিয়া-চুন্নী, কম্যুনিষ্টসকলৰ
মাজত চি, পি, আই-চি, পি, আই (এম),
চি, পি, আই (এম, এল), কংগ্ৰেছৰ
মাজত..…........তুমি কি ভাবিছা?
ছাৰ মই.......
বিশৃংখল হোৱা নাই বুলি ভাবিছা নেকি?
ভাৰতৰ কি নাছিল- টেগোৰ, গান্ধী, জৱাহৰলাল- তুমি
এই বিষয়ে কি ভাবিছা?
ছাৰ, আপুনি কি জানিব
বিচাৰিছে? আপুনি ক'ব খুজিছে নেকি যে, আগত খুব ভাল
আছিল আৰু এতিয়া আমি ধ্বংসৰ মুখলৈ গতি কৰিছো?
প্ৰফেছৰ সেন পুনৰ কিবা ক’ব
বিচাৰিছিল; কিন্তু মিচ সুদ্ বিচাৰকমণ্ডলীৰ প্ৰত্যেকৰ মুখৰ
ফালে দৃষ্টি বুলাই তাচ্ছিল্যভৰা ওঁঠত হাঁহিৰ ৰেখা ফুটাই আৰম্ভ কৰিলে- আমি কেতিয়াও
ডাঙৰ নাছিলো- কেতিয়াও ভালো নাছিলো। সকলো বিৰাট ফাঁকি প্ৰতাৰণা। আমাৰ জাতীয় চৰিত্ৰ
সদায় দুমুখীয়া। আমি প্রত্যেকে কথা কওঁ, কিন্তু আমি কাকো শুনিব নিবিচাৰো,
আমি সত্যৰ সন্ধান ল’ব নিবিচাৰো। আমি নিজে যিটো
সঁচা বুলি ভাবো অথবা ধৰি লওঁ, তাকে বেলেগৰ ওপৰত জাপি দিব বিচাৰো-
মাথোন জোৰ-জৱধ্বস্তি। আমি যিটো দেখিবলৈ বিচাৰো মাথোন তাকে দেখো- যিটো দেখিবলৈ
নিবিচাৰো সেইফালে চকু মুদি চাওঁ। আমি...….....
প্ৰফেছৰ সেন চকীৰ বাহুৰ ওপৰত কিলাকুটি
বিন্যস্ত কৰি হাতেৰে মুখ ঢাকি চকু মুদি মনে মনে শুনি আছিল। তেওঁ মৃদু সুৰত সুধিলে- এই
ধৰা ৰামৰাজ্য......
জঁকি উঠিল কুমাৰী সুদ। ক’লে-ৰামৰাজ্য,
ছাৰ? আপুনি সেয়া আদৰ্শ বুলি গ্ৰহণ কৰিছে? ৰামায়ণেও
আমাৰ জাতীয় চৰিত্ৰক উদ্ভাই দিয়ে। শ্ৰীৰাম আৰু ভৰতৰ ভ্ৰাতৃস্নেহ
আদর্শ বুলি কওঁ, কিন্তু সুগ্ৰীৱ আৰু বালীৰ বিৰোধ, বিভীষণ
আৰু ৰাৱণৰ বিৰোধ- ভায়েকক ককায়েকৰ বিৰুদ্ধে যুঁজিবলৈ ঠেলি দিয়া,
সুপৰ্ণখাৰ নাক-কাণ কাটি দিয়াটো জানো উচিত হৈছিল, ছাৰ?
শ্ৰীৰামে যদি সঁচাকৈয়ে জানিছিল যে, সীতা পবিত্ৰ-
লোকৰ কথাত বনত এৰি দি অহাটো জানো উচিত হৈছিল, জ্বৰ? এয়া
কোন সত্যৰ অনুসন্ধান, ছাৰ? মহাভাৰতত কৰ্ণক কুন্তীদেৱীয়ে...…...
উপনিষদ-বেদান্ত- বুদ্ধ- আশোক, গুনগুনালে
প্ৰফেছৰ সেন।
পানীৰ সোঁতক নতুন বাট দেখুৱাই দিলে
যেনেকৈ সেইফালে গতি কৰে- গছপাত, ইটা-লোটা উটুৱাই নিয়ে– মিচ
সুদে এইবাৰ আক্ৰমণ
কৰিলে জাতিভেদ প্রথাক, অস্পৃশ্যতাক, কলিংগ যুদ্ধৰ
নৃশংসতা আৰু বিভীষিকাক। ক’লে- কোনে আজি নিশ্চিতভাবে ক’ব পাৰিব,
যে যুদ্ধৰ পাছত অশোকৰ মনত প্ৰকৃতাৰ্থতে জ্ঞানৰ উদয় হৈছিল? হয়তো
তেওঁ যুদ্ধৰ ভয়াৱহতা দেখি নিজৰ শক্তিৰ ওপৰত, যুদ্ধৰ ওপৰত
আস্থা হেৰুৱাই ভাবী পৰাজয়ৰ ভয়ত নতুন নীতি, নতুন পন্থা
গ্ৰহণ কৰিছিল- ৰাচিয়া আমেৰিকাৰ নিৰস্ত্ৰীকৰণ আলোচনাৰ দৰে। নহ'লে বুদ্ধৰ দৰে
ৰাজ্যভাৰ এৰি তেওঁ ভিক্ষু নহ'ল কিয়? যুদ্ধৰ পাছত
তেওঁৰ মনৰ পৰিৱৰ্তন হ'ল বুলি কেনেকৈ ক’ব, ছাৰ?
অৱশ্যে বুদ্ধ আছিল মহান– কিন্তু তেওঁক
আমাৰ সমাজে হিমালয়ৰ সিফাললৈ দলিয়াই দিলে-সমুদ্র উটুৱাই দিলে.......
স্বর্ণযুগ- কালিদাস, ভৱভুতি-
শংকৰ- বিবেকানন্দ-সোঁৱৰাই দিলে প্ৰফেছৰ সেন।
জয়চন্দ্ৰ- মহম্মদ ঘোৰী, বাবৰ-
মীৰ কাচিম-উত্তৰ দিলে মিচ সুদে।
গান্ধী- জৱাহৰলাল- বিনোৱাভাবে- জে,
পি.........।
জুইত যেন কোনোবাই ঘিউহে ঢালি দিলে।
জ্বলি উঠিল কুমাৰী সুদ। ক’লে- এয়াইতো আমাৰ তথাকথিত সহাৱস্থান,
ছাৰ। গান্ধীয়ে বিশ্বাস কৰিছিল কুটীৰ শিল্পত আৰু
জৱাহৰলাল নেহৰু কৰিছিল গুৰুশিল্পত। গান্ধী বিশ্বাস কৰিছিল আশ্ৰম শিক্ষাত, মৌলিক শিক্ষাত-
জৱাহৰলাল বিশ্বাস কৰিছিল আধুনিকতাত, বিজ্ঞানত, এট’মত। গান্ধীয়ে
ভাবিছিল জৱাহৰলাল প্রধান মন্ত্ৰী হ'লে তেওঁৰ কুটীৰ শিল্প যাব, নিচা নিবাৰণ যাব,
অহিংসানীতি যাব, তথাপি তেওঁ কিয় কৈছিল যে জৱাহৰলাল
তেওঁৰ উত্তৰাধিকাৰী? তেওঁ জানো জনা নাছিল যে তেওঁৰ জিন্নাপ্ৰীতিয়ে দেশক ভাগ ভাগ
কৰিব। গো-বধ বন্ধ কৰাৰ কাৰণে বিনোৱাভাৱেৰ অনশন এক ধৰণৰ মানসিক হিংসা নহয় নে ছাৰ?
মানুহৰ মন সলনি কৰি তেওঁ ভূ-ক্ৰান্তি আনিবলৈ কোৱাৰ দৰে, ডকাইতসকলৰ
মন সলনি কৰি সিহঁতক ভাল মানুহ কৰিবলৈ আশা কৰাৰ দৰে, মানুহৰ মন
সলনি..……....।
ত্যাগ- সেৱা- সমূহক্ৰান্তি— টোটাল
ৰিভোলেশ্বন?
জ্বলি উঠিল সুদ। মূৰটোক ইফাল সিফাল কৰি
পেণ্ডুলামৰ দৰে ঘূৰাই বিচাৰকমণ্ডলীৰ ফালে চাই ক’লে- ত্যাগ! যাৰ
আছে সিহে ত্যাগ
কৰিব পাৰে- যাৰ নাই? আমাৰতো খাবলৈকে নাই। আমি নিজে নাখাই-ল’ৰা-ছোৱালীক
খাবলৈ নিদি, স্বামীৰ কাৰণে ত্যাগ কৰিম, শহুৰ
শাহুৱেকৰ সেৱা কৰিম? আমি জানো মাকৰ গাখীৰত সন্তানৰ কাৰণে সুষম খাদ্য
আছে কিন্তু মাকৰ বুকুত গাখীৰ থাকিলেহে। ফ্ৰান্সৰ ৰজাই কোৱাৰ দৰে ‘মানুহৰ
খোৱাৰ কাৰণে ৰুটি নাই যদি সিহঁতে কেক্ নাখায় কিয়?’ কঁপি উঠিল সুদ।
ধীৰে মিচ সুদ- ধীৰে। উত্তেজিত নহ’বা।
মৃদু হাঁহি মাৰি সঁকীয়াই দিলে চেয়াৰেমেনে।
থেংক ইউ, ছাৰ। এইদৰে কৈ
হাঁহিবলৈ চেষ্টা কৰিলে; কিন্তু সেই হাঁহিত হাস্য নাছিল বৰং আছিল ব্যংগ।
তাই কৈ গ'ল- আমাক ল’ৰালিত মাক-দেউতাকে যি শিক্ষা দিছে,
শিক্ষকে যিবোৰ কথা কৈছে, বুঢ়া-বুঢ়ীসকলে যিবোৰ কৈছে, সাধু-সন্তসকলে
যিবোৰ কথা কৈছে, সেইবোৰ বিনা প্রশ্নৰে আমি মানি ল’ব
লাগিব- সত্য নহয় বুলি জানিলেও প্রশ্ন কৰিব নোৱাৰিম। এইটো কেনেকুৱা সত্যৰ পথ,
ছাৰ? এইটো কেনেকুৱা বৈজ্ঞনিক পন্থা?
জ্ঞান কি? বিচাৰকমণ্ডলীক
ওলোটাই প্রশ্ন কৰিলে মিচ সুদ, আৰু নিজেই উত্তৰ দিলে- সত্যৰ
অনুসন্ধানেই হ’ল জ্ঞান আৰু বিজ্ঞান। সত্য আৰু মিথ্যাৰ সহাৱস্থান হ’ব
নোৱাৰে। স্বচ্ছ, অনাবিল, ‘আনকম্প্রোমাজিং
অনেষ্ট’ৰ বাহিৰে সত্যৰ অনুসন্ধান কৰা সম্ভৱ নহয়। যদি ঘটনাৱলীয়ে প্ৰমাণ কৰে যে, বেলেগৰ
পৰা শুনি মই যাক সত্য বুলি গ্ৰহণ কৰিছিলো, সেয়া প্ৰকৃততে সত্য নহয়, মই
সেই ভুল তথ্যক বিনা দ্বিধাৰে দলিয়াই পেলাব লাগিব- সেই তথ্য যিমান
ডাঙৰ গুৰুজন, ঋষি-মুনিৰ পৰাই নাহক কিয়। যিদৰে সত্যৰ
অনুসন্ধান কৰিবলৈ গৈ চক্ৰেটিছে জীৱনপাত কৰিছিল- আমাৰ সেই পৰম্পৰা ক’ত,
ছাৰ?
নিজৰ হাত-ঘড়ীটোত বাৰে বাৰে দৃষ্টি
বুলাই চেয়াৰমেনে মিচ সুদক মাজত বাধা দিব খুজিছিল; কিন্তু বেলেগ
বিচাৰকমণ্ডলীয়ে অতি আগ্ৰহেৰে মিচ সুদ আৰু প্ৰফেছৰ সিঙৰ আলোচনা শুনি
থকা লক্ষ্য কৰি বেলেগ কোনো প্রশ্ন সুধিব নালাগে বুলি বিচাৰকমণ্ডলীক ইংগিত দি
তেওঁ নিজেও সেই আলোচনা উপভোগ কৰিবলৈ ধৰিলে। সমুদ্ৰ তৰংগ লহৰ যিদৰে উত্তপ্ত
বেলাভূমিৰ ফালে ধাৱমান হয়- লহৰটো বেলাভূমিৰ কাষলৈ অহাৰ পাছত তাৰ অকম্পিত
গভীৰতাৰে মূৰ দোঁৱাই লাহেকৈ অদৃশ্য হৈ যায়- পুনৰ আহে বেলেগ এটি লহৰ-প্ৰফেছৰ সুদ
আৰু মিচ সুদৰ আলোচনাও সেইদৰে চলি আছিল। এফালে মধুৰ স্থিৰতা আৰু আনফালে ফেনিল
কম্পন।
তুমি তেনেহ'লে কি ভাবিছা-
সকলো শেষ- সমাজৰ আৰু পৰিত্ৰাণ নাই? কি ভাবিছা? তুমি হ’লা.…..….…...ক’লে
প্ৰফেছৰ সেনে।
নাই নাই, ছাৰ। মই ক'ব
খুজিছো বৰং ওলোটাটোহে। আমি আগতেও এনেকৈয়ে আছিলো..... ফলত দুখ কৰাৰ একোৱে নাই। আমাৰ
আদৰ্শ অতি মহান; কিন্তু তাৰ প্ৰয়োগ.......
এইবাৰ চেয়াৰমেন খুব জোৰেৰে হাঁহি মাৰি
ক'লে- মিচ সুদ্, তুমিতো সত্য অনুসন্ধানী। মই তোমাক
মাথোন এটা প্রশ্ন সুধিব খুজো। পুলিচ বুলি ক’লে সাধাৰণতে
লাঠিলৈ মনত পৰে, আৰুনাচ বুলি ক'লে মনলৈ আহে
কমনীয়তা-বৈজয়ন্তীমালা, সংযুক্তা পাণিগ্রাহী, উমা শৰ্মা,
যামিনী কৃষ্ণমূর্তি...... । তুমি নিজেতো কথক নৃত্য ভালপোৱা। পুলিচৰ
চাকৰি কৰিলে লাঠি ধৰি নাচিব পাৰিবা জানো?
আটায়ে হাঁহি মাৰিলে।
মিচ সুদ্ নিজেও সামান্য হাঁহি মাৰি ক'লে-
ছাৰ, পুলিচৰ লাঠি চালনা হওঁক বা কথক নৃত্য হওঁক, সকলোৰে মাজত
শৃংখলাৰ অন্তঃসলিলা
স্রোত বৈ আছে। ধাৰা, নিয়ম- যাক আমি হাৰম’নি বুলি কওঁ।
সেই হাৰম নিয়ে হ’ল সৃষ্টিৰ শ্বাশত গতি আৰু সেয়াই হ’ল জীৱন
সত্য।
পুলিচৰ চাকৰিত তুমি বেআইনী কাম কৰিব
লগা হ'ব পাৰে?
কিয় ছাৰ? নিয়ম সকলোতে
অৱশ্য পালনীয়। মই নিয়ম অনুসৰি কাম কৰি যাম।
তুমি নিশ্চয় জানা ইউৰোপত বাঁওফালে বহি
গাড়ী চলোৱা নিয়ম আৰু ভাৰতত সোঁফালে বহি। চৰকাৰ বা এম, পি- এম, এল,
এ ই যদি ইয়াৰ বিপৰীত নিয়মৰ কথা কয়?
মই মোৰ বুদ্ধি আৰু বিবেক খটুৱাই জানিব পাৰিম কোনটো প্রকৃত
নিয়ম।
আৰু আই, জিয়ে যদি ওলোটা
আদেশ দিয়ে- তুমি যাক নিয়ম বুলি ভাবিছা তাৰ ঠিক বিপৰীত- তেওঁৰ আদেশ পালন কৰাটো শৃংখলা
হ’ব, নে তোমাৰ বিবেকৰ আদেশ পালন কৰাটো শৃংখলা হ'ব?
মই বুজিব পাৰিছো আপুনি কি ক'ব
খুজিছে, ছাৰ। তেনেকুৱা হ'লে মই ইস্তফা দি দিম।
মিচ সুদ্, তোমাক ধন্যবাদ।
চেয়াৰমেনে স্মিতহাস্যৰে বিদায় সম্ভাষণ জনালে।
চেয়াৰমেনৰ স্মিতহাস্য মিহলি ধন্যবাদৰ
প্ৰভুক্তৰত ‘আপোনলোক আটাইকে ধন্যবাদ’ বুলি কৈ কুমাৰী
সুদ ওলাই গ'ল।
তাইৰ পিছফালে ৰৈ আছিল ছযোৰ চকুৰ
দৃষ্টি।
দুৱাৰ বন্ধ হোৱাৰ পাছত চেয়াৰমেনে
সুধিলে- এতিয়া কওঁক?
সাপ, ফেটতোলা সাপ.…....
এজনে মন্তব্য কৰিলে।
অগ্নিকণা.….…....স্ফুলিঙ.…...….
অগ্নিৰ স্তুপ.... আগ্নেয়গিৰি......ক’লে
আন এজনে।
সামান্য উদ্ধত- সর্বজান্তা মনোভাব-
শিক্ষা বিভাগৰ কাৰণে অতি উপযুক্ত; কিন্তু পুলিচৰ কাৰণে..….…...ক’লে
বেলেগ এজনে।
কিন্তু শিক্ষা বিভাগলৈও জানো স্বাধীন
চিন্তা আনিব পাৰিছো আমাৰ দেশত? যাৰ হাতত ক্ষমতা তাৰ হাততে সকলো জ্ঞান
স্তুপীকৃত- আৰু
ক্ষমতা যোৱাৰ লগে লগে সেই জ্ঞান বিপৰীত হৈ যায়। টিপ্পনী কাঢ়িলে বেলেগ এজনে।
চেয়াৰমেনে সুধিলে-প্ৰফেছৰ সেন আপুনি
কি ভাবিছে?
৭৩ বছৰীয়া প্ৰফেছৰ সেনে উত্তৰ দিয়াৰ
আগত বেলেগ সদস্যসকলে হাঁহি মাৰি ক'লে- আপুনি কি ভাবিছে?
প্ৰফেছৰ সেনেও হাঁহিলে। ক’লে-
বেয়া নহয়। সমূহক্ৰান্তি, টোটাল ৰিভোলেশ্বন- ‘ডাক
শুনে যদি কেও না আসে তবে একলা চলৰে.....।'
সামূহিক ভাবনাক ৰূপ দি চেয়োৰমেনে ক’লে-
এটুকুৰা স্বর্ণপিণ্ড, যি পিণ্ডক জুইত পুৰি অথবা হাতুৰীৰে পিটি অলংকাৰ
বনোৱা
যিসকলৰ কৰ্ত্তব্য, তেওঁলোকে
তাইক লৈ যি কৰে কৰক। অনুভূতিৰ দহনত তাই হয়তো সময়ত জ্বলি উঠিব অথবা জ্বলি-পুৰি
ছাইহৈ যাব।
বিচাৰকমণ্ডলীৰ আটায়ে সহমতত মূৰ
জোকাৰিলে।
বেলেগ প্ৰাৰ্থীৰ কাৰণে কলিংবেল বাজি
উঠিল।
চিকাৰ
দক্ষ চিকাৰী হিচাপে ঘিনুৱা অঞ্চলটোত
জনাজাত। তাৰ অস্ত্ৰ নিজ হাতে তৈয়াৰী ধনুশৰ৷ শৰ মাৰিবৰ সময়ত সি চিত হৈ শুই
বাওঁ ভৰিখন ধনুত লগা গুণাডাল কাণৰ গুৰিলৈকে টানি আনি শৰ এৰি দিয়ে। শৰ মাৰি সি
এমাইল আঁতৰৰ লক্ষ্য বস্তুতো আঘাত হানিব পাৰে। ধনুশৰৰ সহায়ত সি
অগণন হৰিণ, গাহৰি, ভালুক আদি চিকাৰ কৰাৰ লগতে চিতাবাঘো
চিকাৰ কৰিছে অলেখ। কিন্তু সিংহ চিকাৰ কৰিছে মাথোন দুটা।
সিংহ দুটা মাৰি সি উপায়ুক্তৰ পৰা
পুৰস্কাৰো পাইছে দুবাৰ৷
সিদিনা এক অদ্ভুত চিকাৰ লৈ ঘিনুৱা
উপায়ুক্তৰ বঙলাত উপস্থিত হ’ল। তাৰ দুহাতত তিনিডাল শৰ, এখন
কান্ধত ধনু আৰু
আনখন কান্ধত কুঠাৰ এখন। ঘিনুৱাক সেই অৱস্থাত দেখি উপায়ুক্তৰ টেকেলাজনে সুধিলে-
কিহে, আজি কি চিকাৰ আনিছা?
টেকেলাজনৰ লগত ঘিনুৱাৰ ভাল
চিনা-পৰিচয়। ঘিনুৱাৰ চিকাৰৰ পুৰস্কাৰৰ অংশীদাৰ সিয়ো হৈছে কেইবাৰমান। ঘিনুৱাই টেকেলাজনৰ
প্ৰশ্নৰ উত্তৰ নিদিলে। মাথোন দুপাৰি দাঁতহে প্ৰদৰ্শন কৰিলে সি। সি হাঁহিলে নে
বিদ্রূপ কৰিলে বুজা নগ'ল। প্ৰকৃততে যাক হাঁহি বুলি কোৱা হয়,
সেয়া কোনেও কোনোদিন দেখা নাই ঘিনুৱাৰ মুখত। মাজে-সময়ে মাথোন দাঁতহে
প্রদর্শন কৰা
দেখা যায় তাক। সেয়া হাঁহিও নহয়, কান্দোনো নহয়--মাথোন দন্ত প্রদর্শন
বুলি কোৱাহে উচিত হব।
টেকেলাজনে পুনৰ সুধিলে- কিহে, কি
চিকাৰ আনিছা?
ঘিনুৱাই এইবাৰো মুখেৰে একো নামাতিলে।
গামোচাত বান্ধি অনা বস্তু এপদ দেখুৱাই সি ইংগিতেৰে বুজালে যে, আজি সি
ডাঙৰ চিকাৰ আনিছে।
টেকেলাজনে পুনৰ সুধিলে- বাঘ নেকি?
ঘিনুৱাই নেতিবাচক মূৰ দুপিয়ালে।
-তেনেহ’লে চিতাবাঘ,
ভালুক, গাহৰি নেকি?
এইবাৰো ঘিনুৱাই নেতিবাচক মূৰ
দুপিয়ালে।
তেনেহ'লে কি আনিছা?
টেকেলাজনে বিৰক্তিৰে সুধিলে।
ভিতৰৰ পৰা চাহাবে সিহঁতৰ কথা-বতৰা শুনি
আছিল। চিকাৰৰ কথা শুনি তেওঁকৌতুহলবশতঃ বঙলাৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল।
ঘিনুৱাই মূৰ দোঁৱাই চাহাবক চালাম জনাই আগৰ
দৰে দত্ত প্ৰদৰ্শন কৰিলে।
চাহাবে চিকাৰ চাবলৈ আগ্ৰহ প্ৰকাশ কৰাত
ঘিনুৱাই গামোচাত বান্ধি অনা সদ্যকটা মানুহৰ মূৰ এটা টোপোলাৰ পৰা বাহিৰ কৰি
চাহাবৰ ভৰিৰ ওচৰত নমাই থ'লে ৷দৃশ্যটো দেখি চাহাব উচাপ্ খাই জাঁপ
মাৰি দুখোজমান পিছুৱাই গ'ল।
ঘিনুৱাই হাতযোৰ কৰি ক'লে-
চাহাব, মোৰ পুৰস্কাৰ?
বিস্ময় মাৰ যোৱাৰ পাছত চাহাবে নিজক
চম্ভালি লৈ ঘিনুৱাক পুৰস্কাৰৰ কাৰণে অপেক্ষা কৰিবলৈ কৈ বঙলাৰ ভিতৰলৈ সোমাই
গৈ ফোন কৰি পুলিচ মাতিলে। ইয়াৰ বাহিৰে ঘিনুৱাক আটক কৰাৰ বেলেগ উপায় নাছিল। কাৰণ
ঘিনুৱাৰ দেহত হাতীৰ বল। তদুপৰি তাৰ হাতত আছিল কুঠাৰ আৰু
ধনুশৰ৷
পুলিচ আহি হাত-কেৰেয়া লগাই ঘিনুৱাক
হাজোতলৈ লৈ গ'ল। কি কাৰণত সি হাজোতত থাকিবলগীয়া হ’ল
ইয়াৰ একো
তলা-নলা ধৰিব নোৱাৰিলে ঘিনুৱাই। তাক আটক কৰি ৰখাৰ উদ্দেশ্য কি সুবিধা পালেই সি এই
বিষয়ে কাৰোবাক
কাৰোবাক সোধে। কোনোবাই কয়, তাৰ
ফাঁচি হ’ব, কোনোবাই আকৌ কয়, দীপান্তৰ হ’ব।
কিন্তু কিয় ? এনেকুৱা কি অপৰাধ কৰিছে সি? যাৰ বাবে তাৰ
ফাঁচি বা দীপান্তৰ হ’ব! ইয়াৰ কোনো তলা-নলা নাপাই সি মানুহবিলাকৰ
কথা বিশ্বাস কৰিবলৈ টান পায়।
শেষত এদিন চাহাবে কাৰাগাৰ পৰিদৰ্শন
কৰিবলৈ আহিল। তেওঁ ঘিনুৱাৰ ভাল-বেয়া খা-খবৰ লোৱাৰ পাছত ক’লে, ইয়াৰ
আগত সি বাঘ, ভালুক মাৰিছিল বাবে সি লগে লগে পুৰস্কাৰ পাইছিল;
কিন্তু এইবাৰ সি মানুহ মাৰিছে! গতিকে এইবাৰ তাক কি পুৰস্কাৰ দিয়া হ’ব
সেয়া পাঁচ-ছয়জনে চালি-জাৰি পৰামৰ্শ কৰিহে সিদ্ধান্ত ল'ব লাগিব।
ঘিনুৱাই চাহাবৰ কথা সৰ্বান্তকৰণে
বিশ্বাস কৰি হাজোতত বহি অধীভাবে পুৰস্কাৰৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে৷
অৱশেষত নিৰ্দিষ্ট দিন আহিল। ঘিনুৱাক
আদালতলৈ অনা হ’ল। কাঠগৰাত থিয় হৈ ঘিনুৱাই মনে মনে ভাবিবলৈ
ধৰিলে- আজি
সি পুৰস্কাৰ পাব! উৎসাহিত হৈ সি জজ চাহাবৰ আগত সকলো কথা বিৱৰি ক’লে।
গোবিন্দ চৰ্দাৰক মৰিবলৈ সি কম কষ্ট কৰিবলগা হোৱা নাই! আগতে বহুতে তাক
মাৰিবলৈ চেষ্টা চলাইছিল; কিন্তু কোনেও নোৱাৰিলে। কাৰণ গোবিন্দ
চৰ্দাৰে সদায়
মটৰেৰে অহা-যোৱা কৰিছিল। গোবিন্দ চৰ্দাৰে ধন-সম্পত্তিও আৰ্জিছে বেলেগ মানুহক
লুণ্ঠন কৰিহে। সি বৰ দুষ্ট মানুহ আছিল। কিমানজন মানুহক যে সি হত্যা
কৰিছে, কিমানজনৰ সৰ্বনাশ কৰিছে, কিমানজনী তিৰোতাৰ যে সতীত্ব হানি কৰিছে তাৰ
লেখ-জোখ নাই। ঘিনুৱাৰ সম্পত্তিও সিয়ে কাঢ়ি নিছে। সিদিনা সন্ধিয়া সি ঘিনুৱাৰ
স্ত্ৰীৰ সন্মান হানি কৰিব খুজিছিল। তাৰ ইমান সাহ! ঘিনুৱাৰ স্ত্ৰীৰ সন্মান হানি
কৰিব সি!! ঘিনুৱা সময় মতে তাত গৈ উপস্থিত হৈছিল। তাক দেখি গোবিন্দ চৰ্দাৰ মটৰত
উঠি পলাই যাব খুজিছিল। তাৰ হাতৰ পৰা সাৰি যাব! ঘিনুৱাই প্রথমে তাৰ মটৰৰ টায়াৰত শৰ
মাৰি মটৰ অচল কৰি দিছিল। তাৰ পাছত সি গোবিন্দ চৰ্দাৰৰ মূৰটো কাটি
লৈ ৰাতি বন-জংঘলৰ মাজেৰে দৌৰিছিল। ত্রিছ মাইল বাট সি একে উশাহতে দৌৰি আহি চাহাবৰ বঙলাত উপস্থিত
হৈছিল।
গোবিন্দ চৰ্দাৰ সাধাৰণ মানুহ নাছিল।
সদায় বন্দুক লৈ ফুৰিছিল। বাঘ-ভালুকতকৈও বেছি ভয় কৰিছিল তাক মানুহে। তাক
মাৰিবৰ কাৰণে ঘিনুৱাই কম সাহস আৰু বিচক্ষণতা দেখুৱাব লগা হোৱা নাই। কেইবছৰমান ঝপট
সিঙৰ মূৰ কটাৰ কাৰণে ডোৰা চাহাবে পাঁছশ টকা পুৰস্কাৰ পাইছে।
ঝপট সিং এক প্ৰকাৰে ভাল মানুহেই আছিল। তেওঁ তিৰোতা মানুহৰ সম্ভ্রম হানি নাইবা পৰৰ সম্পত্তি হৰণ
কৰা নাছিল। তেওঁ মাথোন কাৰাগাৰ লুণ্ঠন কৰিছিল আৰু কেইজনমান চিপাহীক হত্যা কৰিছিল।
সেই হিচাপে গোবিন্দ চৰ্দাৰক হত্যা কৰাৰ কাৰণে সি অধিক পুৰস্কাৰ পোৱা উচিত।
ঘিনুৱাৰ কাহিনী শুনি আটায়ে হাঁহি
মাৰিলে ৷ জজ চাহাবে হাঁহি হাঁহি ক’লে-বাৰু, উপযুক্ত
পুৰস্কাৰে দিয়া হ’ব তোমাক।
চৰকাৰী উকিলে ঠাট্টাৰ সুৰত ক'লে-
তোক ইয়ালৈ সশৰীৰে অনা হৈছে পুৰস্কাৰ প্ৰদানৰ কাৰণেইতো!
ঘিনুৱাই এইবোৰ হাঁহি-তামচাক উপহাস বুলি
নাভাবি সঁচা বুলিয়ে ধৰি ল'লে৷ কাৰণ হাঁহি-কৌতুক, ঠাট্টা-বিদ্রূপ
সি নাজনে।
সি অত্যন্ত সৰল আৰু নিৰ্স প্ৰকৃতিৰ মানুহ।
শেষত জজ চাহবে ৰায়দান কৰিলে- ‘প্রাণদণ্ড’।
ঘিনুৱাই এই ৰায়দানৰ অৰ্থ বুজিব
নোৱাৰিলে। তাক পুনৰ জে’ললৈ
নি বুজাই দিয়া হ’ল যে তাৰ পুৰস্কাৰ দিয়াৰ দিন সমাগত।
সি এজন অপৰাধী আৰু সেই কাৰণেইযে তাক
প্ৰাণদণ্ডৰ আদেশ দিয়া হৈছে এই কথা ঘিনুৱাই বুজিব নোৱাৰিলে। ঝপট সিং
আৰু গোবিন্দ চৰ্দাৰক হত্যা কৰাটো যে একে কথা নহয়, এই কথা সি বুজিব
কেনেকৈ? এটা গৌৰৱৰ আৰু আনটো যে অপৰাধ এই কথা বুজাৰ ক্ষমতা তাৰ নাই।
কাৰণ আইনৰ জালৰ পৰা ওলোৱাৰ জ্ঞান-বুদ্ধি তাৰ নাই। কাৰণ সি যে চাওতাল !
কাৰাগাৰত বহি ঘিনুৱাই মনে মনে ভাবে--
ঝপট সিঙক হত্যা কৰি ডোৰা চাহাবে পাঁছশ টকা পুৰস্কাৰ পাইছে। ডোৰা চাহাবতকৈ
বেছি নিদিলে সি পুৰস্কাৰ নলয়! সি পুৰস্কাৰৰ টকা ওভতাই দি ক’ব-- চাহাব
নিদিয়ে যদি নাই; কিন্তু ডোৰা চাহাবতকৈ অধিক পোৱাৰ অধিকাৰ মোৰ আছে। জে'লৰ
নিৰ্জন কক্ষত বহি সি এইদৰে কত কথা ভাবে! কথা-বতৰা পতাৰ আগ্ৰহো নাই তাৰ। মাথোন পুৰস্কাৰ লৈ
ঘৰলৈ যোৱাৰ বাবেহে তাৰ মন ছট্ফট্ কৰি থাকে।
শেষত ফাঁচিৰ দিন আহিল। তাক সোধা হ’ল,
তাৰ কিবা ক’ব লগা আছে নেকি?
সি ক'লে- মোৰ
পুৰস্কাৰ....
উপযুক্ত পুৰস্কাৰেই দিয়া হ’ব
তোমাক৷ ‘আহা’ এইদৰে কৈ তাক বধ্যভূমিলৈ লৈ অহা হ’ল।
তাৰ পাছত তাৰ মূৰটো ক’লা কাপোৰেৰে ঢাকি দিয়া হ’ল।
ঘিনুৱাই তেতিয়া মনে মনে ভাবিলে, চকু ঢাকি তাৰ হাতত সোণ-ৰূপ ঢালি দিয়া
হ’ব! চৰকাৰৰ ঘৰৰ কিমান যে আইন-কানুন, নীতি-নিয়ম!
মাথোন পোনপটীয়াভাবে পুৰস্কাৰ দিলে হ’ব কিয়? নীতি-নিয়ম বোলা
কথা এযাৰতো
আছে! ঘৰলৈ গৈ সি সকলোকে পুৰস্কাৰ দেখুৱাব। তাৰ ঘৈণীয়কে সেইবোৰ দেখি কিমান যে সুখী
হ’ব! ভাল ঘৰ-দুৱাৰ, খেতি-বাতি কৰি সি সুখেৰে সংসাৰ কৰিব!
কাৰণ সেইবোৰ কাঢ়ি নিবলৈ এতিয়া আৰু গোবিন্দ চৰ্দাৰ নাই.….
ঘিনুৱাই এইবোৰ কথা ভাবি থাকোঁতেই হঠাৎ
ক'ৰবাত এটা হুইচেল বাজি উঠিল।
(এদিনৰ দেওবাৰ- ১৫-১১-২০০৯)
হে’ড মাষ্টৰ
কালি ক্লাৱৰ পৰা ঘৰলৈ ওভতোঁতে তাৰিখ
সলনি হৈ গৈছিল। কথাটো অলপ বহলাই কওঁ শুনক। কালি অর্থাৎ শনিবাৰ দিনা
সন্ধিয়া হঠাৎ কেইজনমান উৎসাহী বন্ধুক লগ পাই গৈছিলোঁ। ফলত সন্ধিয়াটো খুবেই জমি
উঠিছিল। ফ্লাচ্ খেলৰ লগতে পানীয়ৰ মাত্ৰা অতিক্ৰম কৰি গৈছিল। হলেও
কোনো অসুবিধা হোৱা নাছিল। কিয়নো, মাত্রা যিমানেই অধিক নহওঁক কিয়,
ভৰি থৰক-বৰক কৰাৰ লগতে ড্রাইভিং হুইল ধৰা হাত কঁপাৰ ভয় নাছিল।
তদুপৰি পাছদিনা আছিল দেওঁবাৰ। সেয়ে দিনৰ এঘাৰ বজালৈ শুলেও কোনো ধৰণৰ
অসুবিধা নাছিল।
সেয়ে দেওবাৰৰ পুৱা চাৰে সাত বাজি
যোৱাৰ পাছতো মই গভীৰ নিদ্ৰাত লালকাল দি আছিলো। কৰুণা অৰ্থাৎ মোৰ পত্নীৰ
হিম শীতল কৰ স্পৰ্শত মই হঠাৎ সাৰ পাই উঠিলো। কি কথা আজিতো দেওবাৰ! সেয়ে কোনো
এনগেজমেন্ট নথকাৰে
কথা ! দুৱাৰ-খিড়িকি বন্ধ কৰি কৰণাতো কেতিয়াবাই তলৰ মহলালৈ নামি যোৱাৰ কথা। ল’ৰা-ছোৱালীহালকো
এই সময়ত
মোৰ শোৱনি কোঠালিত সুমোৱা বাৰণ আছে। দেওবাৰৰ কাৰণে এই ব্যৱস্থা বহুদিনৰ পৰাই চলি
আহিছে। সেয়ে ৰোষায়িত নেত্ৰত কৰুণাৰ ফালে এবাৰ মাথোন দৃষ্টি
নিক্ষেপ কৰিয়ে মই বাগৰ সলাই পুনৰ শোৱাৰ উপক্ৰম কৰিলো।
কৰুণাই তেতিয়া ব্যস্তভাবে ক’লে-
এই উঠা, তললৈ যোৱা। তোমাৰ লগত দেখা কৰাৰ কাৰণে কোনোবা এজন ভদ্রলোক প্ৰায়
ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰি আছে।
মই অতিশয় বিৰক্ত হৈ উঠিলো। ক’লো-
কৈ নিদিয়া কিয়, আজি দেওবাৰ, দেখা নহ'ব।
কৰুণাই ওঁঠৰ ওপৰত আঙুলি স্থাপন কৰি ক'লে-
চুপ, এনেকৈ নক’বা। ভাবিছা নেকি যে, মই চেষ্টা
নকৰাকৈ আছোঁ? কিন্তু ভদ্রলোক গৰাকীয়ে উঠাৰ নামে । নাই। কৈছে,
হ’ব হ’ব, সি উঠক, মই
বহিছোঁ। কি চমৎক [ কণ্ঠস্বৰ ! দীঘল বগা দাঢ়ি, চকুত সোণৰ
ফ্ৰেমৰ বিতচকু। খুবেই সম্ভ্ৰান্ত লোক। কোনোবা এটা সময়ত তোমাৰ লগত খুবেই ঘনিষ্টতা
আছিল যেন লাগিছে।
ল’ৰা-ছোৱালীহালক মাতি পঠিয়ালে। সিহঁতৰ লগত কিযে গল্প! কিযে হাঃ হাঃ
প্রাণখোলা হাঁহি! চাহ পঠোৱাৰ কথা ক’লো। নিষেধ
কৰিলে। চিগাৰেট তামোল-পাণ ওভতাই পঠিয়ালে আৰু মই শুনাকৈ ক’লে- মা, মোৰ
এইবোৰ অভ্যাস নাই। গোলক নাথক চাবলৈ আহিছো। মোৰ কাৰণে ব্যস্ত
হ’ব নালাগে।
বিদুৎ পৃষ্ট মানুহৰ দৰে মই শোৱাৰ পৰা
জাঁপ মাৰি উঠিলো। এয়াচোন আমাৰ হে’ড মাষ্টৰ! মোৰ স্কুলীয়া জীৱনৰ হে'ড মাষ্টৰ।
শ্লিপিং গাউন গাত জাপি, চেণ্ডেলযোৰ পিন্ধি মই তললৈ নামি যোৱাৰ বাবে
উদ্যত হ’লো।
হে’ড মাষ্টৰৰ কথা
কৰুণাই মোৰ মুখৰ পৰা বহুবাৰ শুনিছে। তাই মোৰ বাট ভেটি থিয় হ’ল।
তাই বুদ্ধিমতী। তাই মোক বাথৰুমৰ ফালে ঠেলি দি ক'লে- যোৱা,
হাত-মুখ ধুই আহাগৈ। তাৰ পাছত মূৰ ফণিয়াই চেণ্ট অকনমান স্প্রে’
কৰি লোৱাহি। এই ছেগতে মই চাহৰ ব্যৱস্থা কৰোঁগৈ। চাহ
খাই এলাচি দুটামান চোবাই তাৰ পাছতহে হে’ড মাষ্টৰৰ লগত দেখা কৰিবলৈ যোৱা
উচিত হ’ব।
মই কৰুণাৰ উপদেশৰ মৰ্ম উপলব্ধি কৰিব
পাৰিলো। শনিবাৰৰ নিশা অতিমাত্ৰা পানীয় সেৱনৰ কাৰণেই কৰুণাৰ এই সতর্কতা।
কৰুণাৰ সতকর্তা দেখি বিব্ৰত অৱস্থাতো মোৰ হাঁহি উঠি গ'ল।
তলৰ মহলাৰ পৰা ল’ৰা-ছোৱালীহালৰ
কোমল কণ্ঠস্বৰৰ লগতে হে’ড মাষ্টৰৰ গল্গলীয়া সাৱলীল কণ্ঠস্বৰ আৰু
প্ৰাণখোলা হাঁহিৰ
শব্দ ভাহি আহিছে।
মোৰ মনৰ পৰা ত্ৰিছ বছৰৰ ব্যৱধান
অপসাৰিত হ'ল। মই তেতিয়া সপ্তম বা অষ্টম শ্ৰেণীৰ ছাত্র। বাৰ, তেৰ
বছৰৰ কিশোৰ।
কঁকালত এডোখৰ কাপোৰ, খালী ভৰি, মূৰত এমূৰ দীঘল
জপৰা চুলি। ককাইদেৱৰ জ্বৰ। মুখত ৰুচি নাই। সি মোক মাতি ক’লে- যাচোন,
জমিদাৰৰ বাৰীৰ পৰা মোৰ কাৰণে কেইটামান বগৰী লৈ আহগৈ। বগৰী খাবলৈ বৰ
মন গৈছে। এই শুন, মাক কিন্তু এই কথা নক’বি।
মই লগে লগে দৌৰি গ'লো।
শীতকালিৰ পুৱা। জমিদাৰৰ বাৰীৰ ভিতৰলৈ সোমাই গৈ খুপি খুপি বগৰীজোপাৰ তল পালোঁহি।
আগডালত এটা পকা বগৰী। বগৰীটো পাৰিবলৈ মই গছডালত ধৰি জোঁকাৰিবলৈ চেষ্টা চলালো,
কিন্তু গছজোপা লৰাব নোৱাৰিলোঁ। শেষত ফৰ্মটিয়াবলৈ
ধৰিলো। কাম নহ'ল। কেঁচা বগৰী কেইটামান সৰি পৰিল। সেই ৰঙা
বগৰীটো অক্ষত অৱস্থাত আগডালত আগৰ দৰে টিক্ টিক্ কৰিবলৈ
ধৰিলে। অবিশ্রান্ত ফৰ্মুটিৰ পাছত ফৰ্মুটি মাৰিবলৈ ধৰিলো। ফলত মোৰ গাৰ
পৰা ঘামৰ সোঁত ব’বলৈ ধৰিলে। গছৰ ছাঁত বহি শৰীৰৰ ঘাম মচি পুনৰ
ফৰ্মুটি মাৰিলো। এইবাৰ ফৰ্মুটিয়ে লক্ষ্যবস্তুত আঘাত হানিলে। বগৰীটো সৰি পৰিল৷ দৌৰি গৈ
মই বগৰীটো বুটলি কোঁচত গুজি বাৰীৰ পৰা ওলাই যাবলৈ উদ্যত হ’লো৷ এনেতে
তালৈ আহি পালে এগৰাকী দঢ়িয়া ভদ্রলোক। উজ্জ্বল চকু। চকুত সোণৰ ফ্ৰেমৰ বিতচকু।
দাঢ়িৰ মাজত দুপাৰি বগা দাঁত। মই ভয়ত কঁপিবলৈ ধৰিলো। ফৰ্মুটি মাৰাৰ
সময়ত ঘৰৰ ভিতৰলৈ গৈ ফৰ্মুটি পৰিল নেকি? জমিদাৰৰ বাৰীৰ পৰা বগৰী চুৰি
কৰিছোঁ, মোৰ জে’ল হ’ব নেকি? হে’ ভগবান,
এইবাৰৰ কাৰণে ৰক্ষা কৰা। দুনাই কোনোদিন এনেকুৱা কাম নকৰোঁ। কিন্তু এয়া
কি! ভদ্রলোকজন মোৰ কাষলৈ আহি পিঠিত থপৰিয়াই ক’লে- ৱেল ডান,
মাই বয়।
পাছত জানিব পাৰিলো, সেই
গৰাকী আমাৰ স্কুলৰ নতুন হে'ড মাষ্টৰ। মধুসূদন গ্ৰন্থাৱলীৰ মূল
পৃষ্ঠাত ছপোৱা কবি মধুৰাৱৰ ছবিটো মোৰ খুব ভাল লাগিছিল। সেই ছবিৰ
লগত আমাৰ হেড মাষ্টৰৰ অদ্ভুত সাদৃশ্য আছিল। মধুৰাৱৰ ছবিৰ দৰে একে প্রশস্ত কপাল, বগা-ক’লা
দাঢ়ি, সোণৰ ফ্ৰেমৰ বিতচকুৰ মাজত উজ্জ্বল এযোৰ চকু আছিল আমাৰ হে'ড
মাষ্টৰৰ। ফলত মধুৰাও আৰু হে’ড মাষ্টৰ মিহলি
হৈ মোৰ মনত একাকাৰ হৈ গৈছিল। ল’ৰালিৰ সেই দুই মহাপুৰুষৰ গভীৰ ছাপ
আজিলৈকে মোৰ
হৃদয়ত অংকিত হৈ আছে।
কিছুদিনৰ ভিতৰত বিদ্যালয়ৰ বাতাৱৰণ
সম্পূৰ্ণ সলনি হৈ গ'ল। হে'ড মাষ্টৰৰ নামত আটায়ে ভয়ত কম্পমান।
তেওঁ আমাক
যিমান মৰম কৰিছিল, সিমানে কঠোৰ আছিল তেওঁৰ অনুশাসন। সামান্য
দোষ-ত্রুটিও তেওঁৰ দৃষ্টি এৰাই যাব পৰা নাছিল। এদিনৰ কথা মনত পৰি গ'ল।
সিদিনা মই ডেক্সৰ ওপৰত মূৰ থৈ অকনমান শোৱাৰ চেষ্টা কৰিছিলোঁ। হে’ড
মাষ্টৰ গৰজি
উঠিল- এই ইউ, ষ্টাণ্ডআপ অন দ্য বেঞ্চ। মাথোন সেই পিৰিয়ডটোৱে
নহয়, একেৰাহে মই দুটা পিৰিয়ড বেঞ্চৰ ওপৰত থিয় দি থাকিব লগা হৈছিল। এয়াতো
সামান্য শাস্তি! ঘৰত কৰিবলৈ দিয়া কাম কৰি নিনিলে নাইবা হাঁহি-তামচা, দুষ্টালি কৰিলে
খালী হাতৰ তলুৱাত নির্দয় বেত্রাঘাত--- এক, দুই, তিনি,
চাৰি...। গোটেই শ্ৰেণীকোঠা স্তব্ধ- নিস্তব্ধ।
হে’ড মাষ্টৰে আমাক
খুবেই ধুনীয়াকৈ পঢ়াইছিল। ইংৰাজী কবিতাই হওঁক, অথবা উড়িয়া
কবিতাই হওঁক, তেওঁ যেতিয়া আমাক আবৃতি কৰি শুনাইছিল, তেতিয়া
আমি শব্দবোৰৰ অৰ্থ নুবুজিলেও কবিতাৰ অৰ্থই আমাৰ হৃদয় স্পৰ্শ কৰিছিল। সিদিনা
হে’ড মাষ্টৰে ‘মাই মাদাৰ’ নামৰ কবিতাটোৰ
অৰ্থ নুবুজোৱাকৈ লাহে লাহে আবৃতি কৰি আছিল। হঠাৎ মোৰ পিছফালে বিশেষ এক ধৰণৰ শব্দ শুনি মই পিছফালে
ঘূৰি চাই দেখিলোঁ, কৈলাশ উচুপি আছে। কিছুদিন আগতে কৈলাশৰ মাক ঢুকাইছিল।
কবিতা আবৃতি হে’ড মাষ্টৰৰ
প্রিয় বিষয় আছিল। উচ্চাৰণ শুদ্ধ নহ'লে তেওঁ প্ৰতিটো শব্দ দহবাৰকৈ
স্পষ্টভাবে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিছিল। আমাৰ প্ৰাৰ্থনা ক্লাছত
যেতিয়া তেওঁ গুৰু গম্ভীৰ কণ্ঠত আৰম্ভ কৰিছিল- অখিল ব্ৰহ্মাণ্ড পতি, মোৰ জীৱন
স্বামী, সত্য পথে, ধৰ্ম পথে লৈ যোৱা মোতে, ভহোৱা জীৱন মোৰ
তব প্রেম-স্রোতে।’ তেতিয়া আমাৰ গাৰ নোম ডাল ডাল হৈ শিয়ৰি উঠিছিল। স্কুল-কলেজ এৰাৰ
বহু বছৰ পাছতো মই এই দুফাকি কবিতা আবৃতি কৰি গভীৰ প্ৰশান্তি লাভ কৰিছিলো।
যি তিনি বছৰ মই স্কুলত আছিলো, হে'ড
মাষ্টৰৰ স্নেহ, ব্যক্তিত্ব, শিক্ষা আৰু
আদৰ্শই মোক সম্পূৰ্ণৰূপে আচ্ছন্ন কৰি ৰাখিছিল। শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি
বাহিৰৰ ক্ষেত্ৰখনতো মই তেওঁৰ আঙুলি নির্দেশ অনুভৱ কৰিছিলো। স্কুল এৰি কলেজলৈ
গ'লো। তাৰ পাছত বিদেশৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰি এটি ডাঙৰ ব্যক্তিগত
ফার্মত অভিযন্তা হিচাপে কার্যনির্বাহ কৰি আছো। মাজে-সময়ে হেড মাষ্টৰৰ চিঠি
পাওঁ। শুদ্ধ উড়িয়াত লেখা কিছুমান ধুনীয়া ধুনীয়া কথা। শুভেচ্ছা, আশীর্বাদ। মই
উত্তৰ দিওঁ ইংৰাজীত।(উড়িয়াত লিখা অভ্যাস ক্ৰমে ক্ৰমে নোহোৱাৰ কাৰণে।) ভয়ে ভয়ে
লিখোঁ। অভিধান চাওঁ, যাতে বানান ভুল নহয়। বানান বা ব্যাকৰণ ভুল
হ’লৈ হে’ড মাষ্টৰে কিদৰে অস্বস্তি অনুভৱ কৰিছিল চিঠি
লেখাৰ সময়ত সেইবোৰ কথা মনত পৰি গৈছিল।
তাৰ পাছত বহু বছৰ কালৰ বুকুত বিলীন হৈ
গ'ল। চাকৰিৰ জখলাডালত ধাপে ধাপে উজাই বর্তমান মই প্রতিপত্তি অর্জন কৰিছোঁ।
সম্প্ৰতি মই ফাৰ্মৰ মুখ্য চাহাব।
শেষৰ পৰ্যায়ত হে’ড
মাষ্টৰৰ লগত চিঠিৰ আদান-প্ৰাদন নাথাকিলেও তেওঁৰ বিষয়ে মই বহু খবৰ ৰাখিছিলো। তেওঁ চাকৰিৰ
পৰা অৱসৰ লৈ বৰ্তমান পুৰীত আছে। তেওঁৰ পৰিবাৰৰ মৃত্যু হৈছে। একমাত্র পুতেকে দূৰত ক'ৰবাত
চাকৰি কৰে। তেওঁ
বাকী জীৱন জগন্নাথৰ চৰণ তলত কটাই আছে। এই খবৰ প্ৰায় আঠ দহ বছৰ আগত পাইছিলো। তাৰ
পাছত আজি হঠাৎ মোৰ ঘৰত আৱিৰ্ভাৱ।
সেই অতীতৰ কিছুমান অস্পষ্ট ছবি মোৰ মন
গহনৰ আন্ধাৰ ফালি উদ্ভাসিত হৈ উঠিল। কৰুণাৰ প্ৰতিটো উপদেশ আখৰে আখৰে
পালন কৰি সতেজ হৈ খট্খটীৰ ৰেলিঙত আঁউজি থিয় হ'লো।
হে’ড মাষ্টৰ চোফাত
বহি আছিল। বৰ শীৰ্ণ দেখাইছিল তেওঁক। মুখমণ্ডলৰ দাঢ়ি আহি বুকু স্পৰ্শ কৰিছে। চকুত
আগৰ দৰে
সোণৰ ফ্ৰেমৰ বিতচকু উজলি আছে। অন্যান্য দিনা দেখাৰ দৰে কান্ধৰ ওপৰত চিল্কৰ চাদৰ।
মোৰ ছোৱালী টিনা তেওঁৰ কোলাত বহি আছে। মোৰ ল’ৰা টুনুৱে
কান্ধত থুতুৰি থৈ কিবা-কিবি কৈ আছে আৰু হে’ড মাষ্টৰে টিনাৰ চুলিত আঙুলি বুলাই টুনুৰ
কথা মনযোগেৰে শুনি আছে। মাজে মাজে হাঃ হাঃ কৈ হাঁহি আছে। ল'ৰা-ছোৱালীহালৰ
লগতে হে'ড মাষ্টৰৰ কিছুমান বিক্ষিপ্ত কথা মোৰ কৰ্ণগোচৰ হ’বলৈ
ধৰিলে।
টুনু- এই টিনা, এই গ্রেণ্ড অ’ল্ড
মেনক কেনেকুৱা দেখা গৈছে? চান্তাক্ৰুছ! নহয় নহয়, আমি
এওঁক গ্ৰেণ্ড ফাদাৰ বুলি মাতিম।
হে’ড মাষ্টৰ- নাই
নাই, মই তোমালোকৰ ফাদাৰ ক্ৰিছমাচ! (বৃদ্ধ আৰু ল'ৰা-ছোৱালীহালৰ
সমবেত হাঁহি)।
হে’ড মাষ্টৰ- বাৰু
বাছাহঁত, তোমালোকে যিবোৰ পদ্য মুখস্থ কৰিছা, তাৰে এফাকি
ক্ৰিছমাচক শুনাই দিয়া।
টুনু- শুনিবা নেকি, ফাদাৰ,
মই যিটো কবিতা আবৃতি কৰি পুৰস্কাৰ পাইছিলো?
টিনা- মই টুনুতকৈ বেছি ভালদৰে ৰি-চাইট
কৰিব পাৰোঁ বুলি ডেডিয়ে কয়।(হে’ড মাষ্টৰৰ মুখ তাৰ সৰু হাতেৰে নিজৰ ফালে
ঘূৰাই লৈ) শুনক, মোৰ ৰিচিটেশ্বন.....
হে’ড মাষ্টৰ- (ল’ৰা-ছোৱালীহালক
বুকুৰ লগত সংলগ্ন কৰি) বাৰু টিনা, তুমিয়ে প্রথমে আৰম্ভ কৰা।
টিনা- (মূৰত হাত বুলাই মনত পেলাই) হয়,
মনত পৰিছে। শুনক, কেনে ফাৰ্ষ্ট ক্লাছ ৰাইম- জেক এণ্ড জিল
ওয়েণ্ট আপ টু
হিল......
টুনুঃ একেবাৰে বাজে ! ফাদাৰ, এতিয়া
মোৰটো শুনক কেনে চমৎকাৰ! বে’ বে’ বে’ ব্লেক
শ্বিপ..
ইয়াৰ পাছত টিনা আৰু টুনুৰ সমবেত
আবৃতি- মেৰি মেৰি কুৱাইট কনট্ৰেৰি...
হে'ড মাষ্টৰৰ হাঁহি
শুনা নাযায়। কিছু সময় পাছত তেওঁৰ ক্ষীণ কণ্ঠস্বৰ শুনা গ’ল- বাৰু,
উড়িয়া পদ্য বা কবিতা কিবা শিকিছা নেকি? যেনে- ‘সত্য
পথে, ধর্ম পথে লৈ যোৱা মোতে, ভহোৱা পৰাণ মোৰ তৱ প্ৰেম স্রোতে।'
টিনা আৰু টুনুৰ সমবেত হাঁহি। মাজে মাজে ‘হাউ
ফানি, হাউ চুইট’ বুলি হাত চাপৰি।
হে'ড মাষ্টৰ-
পঢ়িছা নেকি, বাছাহঁত—
মই যি কৰিলোঁ, যি মই ক'লোঁ
যি মই চিন্তো মনে
জগত কৰ্তা পৰম ঈশ্বৰ
জানিছে প্রতি ক্ষণে…....
টিনা আৰু টুনু- নাই নাই, এয়াতো
অ’ল্ড ভার্নিকুলাৰ। আমিতো উড়িয়া নপঢ়োঁ-- সকলো ইংলিচ।
হে’ড মাষ্টৰ-
(কণ্ঠত এক ধৰণৰ আতংক) তোমালোকে উড়িয়া নাজানা, উড়িয়া পঢ়িব
নোৱাৰা-- উড়িয়াত লিখিব নাজানা-- এয়া সঁচা নেকি?
টিনা আৰু টুনু- আমি সঁচাকৈয়ে উড়িয়া
নাজানো।
হে'ড মাষ্টৰ নীৰৱ।
হঠাৎ টিনাই ক’লে- ফাদাৰ,
আপুনি একো নাখালে কিয়? চাহ, কফি, কোকাকোলা?
কোনটো খাব কওঁকচোন, ফাদাৰ?
(টিনাৰ কণ্ঠত এক ধৰণৰ অভিমান)।
টুনু- ফাদাৰ, ডেভিদ কাপ্তান
চিগাৰেট আছে, তাৰ পৰা এডাল আনি দিম নেকি? বৰ
চমৎকাৰ!
টুনু উঠি যাব খুজিছিল, হে’ড
মাষ্টৰে তাৰ হাতত ধৰি বাধা দি ক'লে- নাই নাই, তুমি মাৰাক ক’বা,
সেইবোৰ মোৰ অভ্যাস নাই। বাৰু, তোমালোকে
ৰাতিপুৱা কি খাইছা ?
টিনা, টুনু- কিয়,
বেড টি! বিছনাত বহি বহি খাইছোঁ।
হে’ড মাষ্টৰ- কি
চাহ? (কিছু সময় মনে মনে থাকি) তোমাৰ দেউতাৰাৰ উঠিবলৈ আৰু কিমান পলম হ’ব?
টুনু- (দেৱালৰ ঘড়ীৰ ফালে চাই)
এতিয়াতো মাথোন আঠ বাজিছে। আৰু এঘণ্টা পলম হ’ব। কালি নাইট
ক্লাৱ আছিল যে!
ডেডি ঘৰলৈ আহোঁতে বহু পলম হৈছিল।
টিনা— এই টুনু,
কালি ৰাতি ডেডি ঘৰলৈ অহাৰ সময়ত দেখিছিলি নেকি? মই
দেখিছোঁ। কালি দুপৰ নিশা মোৰ টোপনি ভাঙি গৈছিল। তই তেতিয়া কাষৰ পালেঙত
শুই নাক বজাই আছিলি। (টুনু ভীষণ প্রতিবাদ- মই কেতিয়াও নাক নবজাও। তই ওৰেটো
ৰাতি নাক বজাই থাক।) বাহিৰত গাড়ী অহাৰ শব্দ শুনি মই খিড়িকীৰ ওচৰলৈ গৈ পৰ্দা
গুচাই দেখিলো, ডেডিক ড্ৰাইভাৰ আৰু ৰহিমে গাড়ীৰ পৰা বাহিৰ
কৰি আনিছে। ডেডি খোজ কাঢ়িব নোৱাৰে। তাৰ পাছত বেলেগ খিড়িকীৰ কাষলৈ গৈ
দেখিলো, মামীয়ে গৈ দেউতাক ধৰি ওপৰলৈ তুলি আনিছে। ডেডি খোজ কাঢ়িব নোৱাৰে। ঢলং
ঢপং কৰি আছিল। ভাবিলো, ডেডিৰ জ্বৰ
হৈছে। কিন্তু কালিতো দেউতাই আমাক পিক্নিকলৈ লৈ গৈছিল!
টুনু- চুপ্, এইবোৰ কথা কাকো
নক’বি। ফাদাৰ ক্ৰিছ্মাচে শুনিলে যদি শুনিলেই। (তাৰ পাছত হে’ড
মাষ্টৰক উদ্দেশ্য কৰি) আপুনি ডেডিক নক’বতো? জানে
নেকি ফাদাৰ ডেডি কিমান চিগাৰেট খায়? মাহত ত্ৰিছ টেমা। চিগাৰেট শেষ হ'লেই টেমাবোৰ
মোৰ। কি মজা!
হে'ড মাষ্টৰৰ
কণ্ঠস্বৰ শুনা নগ'ল। ইয়াৰ পাছত ল'ৰা-ছোৱালীহালৰ
কলৰৱ হাঁহি।
মাজত ৰহিমৰ সতৰ্ক বাণী- বাবা, মিচি
বাবা, বাথৰুমত গৰম পানী দিছোঁ। ব্রেকফাষ্ট ৰেডি হৈছে।
হে'ড মাষ্টৰৰ
অনুচ্চ কণ্ঠস্বৰ কাণত পৰিল- তোমালোক যোৱা। গা ধুই খাই লোৱাগৈ। পলম হৈ গ'ল।
মই যাওঁ।
দেউতাৰাক ক’বা তাৰ ল’ৰালিৰ
হে’ড মাষ্টৰ আহিছিল।
হে'ড মাষ্টৰ বহাৰ
পৰা উঠি থিয় হ’ল।
টুনু আৰু টিনাই ক’লে-
টা, টা...
দুৱাৰ বন্ধ হোৱাৰ শব্দ শুনা গ’ল।
তাৰ পাছত নীৰৱ নিস্তব্ধ।
মই খট্খটীৰ ওপৰত স্থানুৰ দৰে থিয় দি
ৰ’লো। নামি গৈ হে’ড মাষ্টৰক ঘূৰাই অনাৰ শক্তি বা
সাহসকোনোটোৱে মোৰ নাছিল । এয়াই ভাল ! সন্তান প্রতীম আদর্শ ছাত্র
গোলক নাথক তেওঁ মোৰ মাজত বিচাৰি নাপালেহেঁতেন। কান্ধত কাৰোবাৰ কৰ
স্পৰ্শত মই ঘূৰি চাই দেখিলো- কৰুণা ।
তাই চল্চলীয়া চকুৰে মোৰ ফালে চালে।
মোৰ চকুৰ পৰা দুটোপাল লোতক বাগৰি পৰিল।
কৰুণাৰ হাতত ধৰি মই লাহে লাহে ওপৰলৈ
উঠি আহিলো।
(অগ্রদূতৰ সাহিত্য বীথিকা- ২২-০৭-২০১৩)
ধুমুহা
মূল- ভাগৱতী চৰণ পাণিগ্রাহী
গংগা নৈৰ পাৰৰ কৈৱৰ্ত গাঁও, কৃষকৰ
ঘৰৰ সন্মুখত গৰু, ছাগলী, ভেড়া বন্ধা থকাৰ দৰে কৈৱৰ্তসকলৰ ঘৰৰ
সন্মুখত বন্ধা থাকে ক্ষুদ্র ক্ষুদ্র নাও। এইবোৰ নাওৰ জৰিয়তেই
কৈৱৰ্তসকলে জীৱিকাৰ বাবে অন্ন-বস্ত্ৰ সংস্থান কৰে।
কৈৱৰ্ত গাঁওৰ এজন ধীৱৰ যুৱক। গাঁওখনতে
তাৰ অৰ্ধ ভগ্ন পৰ্ণ কুটীৰ। সেই অৰ্ধ ভগ্ন কুটীৰতে সি বাস কৰে তাৰ সুন্দৰী তৰুণী
স্ত্ৰীক লৈ।
ধীৱৰ যুৱকজন বেছি সময় ঘৰত থাকিব
নোৱাৰে। জীৱিকাৰ সন্ধানত সি বেছি ভাগ সময় গংগাৰ বুকুতে অতিবাহিত কৰে।
যদি কেতিয়াবা ঘৰত থাকেও তাৰ কৰ্ম তৎপৰ মন অন্ন সংস্থানৰ কাৰণে ব্যাকুল হৈ থাকে।
তেতিয়া সি জীৱিকাৰ তাগিদাতে তাৰ ক্ষুদ্ৰ নাও গংগাৰ সুগভীৰ
জালৰাশিত ভহাই জীৱিকাৰ সন্ধানত ওলাই পৰে। গংগাৰ বুকুত থকা সময়খিনি তাৰ
মন ঘৰলৈ ওভতাৰ বাবে ছট্ফট্ কৰি থাকে। মাছ ধৰিবৰ বাবে সি ভালদৰে মনোনিৱেশ কৰিব
নোৱাৰে আৰু সিফালে সন্ধিয়া তাৰ তৰুণী স্ত্ৰীয়ে প্ৰদীপ জ্বলাই
প্ৰদীপৰ ক্ষীণ পোহৰ সন্মুখত লৈ স্বামীৰ আগমন প্রতীক্ষাত অধীভাবে ৰৈ থাকে।
ৰাশি ৰাশি প্ৰদীপৰ আলোক শিখাৰ লগত তাইৰ
প্ৰদীপৰ আলোক শিখাও প্রতিফলিত হয় গংগাৰ বুকুত। স্বামী ওভতোঁতে পলম
হ’লে তাই শলিতাডাল বঢ়াই দি প্রদীপ শিখাটো উজ্জ্বলকৈ জ্বলাবলৈ চেষ্টা
কৰে। শিখাটো উজ্জ্বল হৈ জ্বলিলে তাইৰ স্বামীয়ে নাওৰ পৰাই শিখাটো দেখা পাব
বুলি তাই আত্মসন্তুষ্টি লাভ কৰে। সেয়ে যিদিনা স্বামী ওভতোঁতে পলম হয়, সিদিনা প্রদীপ
শিখা দেখি স্বামী চঞ্চল হৈ সোনকালে ঘৰলৈ ওভতাৰ আশাত তাই শলিতাডাল বঢ়াই প্রদীপ
শিখাটো উজ্জ্বলকৈ জ্বলায়।
সিদিনা আছিল ভাদ মাহৰ পূৰ্ণিমা।
ধীৱৰ্জন সিদিনা ওৰেটো দিন ঘৰতে আছিল। সন্ধিয়া সি মাছ ধৰিবলৈ নাও লৈ ওলাল।
তাক নাও লৈ ওলোৱা দেখি তাৰ স্ত্ৰী ব্যস্ত হৈ উঠিল। ইমান ধুনীয়া নিশাটো তাই কেনেকৈ
অকলে যাপন কৰিব? কিন্তু স্বামী আজি মাছলৈ যোৱাটো নিশ্চিত। কাৰণ
সি দিনত মাছলৈ যোৱা নাই। ওৰেটো দিন সি ঘৰতে কটাইছে তাইৰ লগত। বেলেগ ধীৱৰসকলে আজি ভাল উপাৰ্জন কৰিছে।
মাথোন তাইৰ স্বামীয়েহে আজি উপাৰ্জন কৰিব পৰা নাই। স্ত্ৰীৰ ব্যস্ততা দেখি
তৰুণী স্ত্ৰীক অকলে ঘৰত থৈ যাবলৈ ধীৱৰজনৰ মনত কিবা যেন এক অপৰাধবোধ তথা সংকোচবোধ
গা কৰি উঠিল।
পেট আৰু হৃদয়ৰ তুমুল যুঁজ আৰম্ভ হ’ল
ধীৱৰৰ মনোজগতত। তৰুণী স্ত্ৰীৰ চকুৰ কৰুণ দৃষ্টি আৰু অন্নৰ বাহুবলে তাক আকৰ্ষণ
কৰিবলৈ ধৰিলে। পেট আৰু হৃদয়ৰ এই সন্ধিক্ষণত কাৰ পক্ষ সমর্থন কৰিব, স্থিৰ
কৰিব নোৱৰি সি শংকিতা স্ত্ৰীৰ ফালে চাই নিজকে নিজে প্রশ্ন কৰিলে- কাৰ
পক্ষ আজি ল’ব সি? পেটৰ, নে হৃদয়ৰ?
মাছলৈ যাব, নে নাযায়? ইয়াকে লৈ কিংকর্তব্যবিমূঢ়
হৈ সি কিছু সময় মৌন হৈ থাকিল।
স্বামীৰ অসহায় অৱস্থা নিৰীক্ষণ কৰি স্ত্ৰীয়ে
ক'লে- ময়ো আজি মাছ ধৰিবলৈ যাম তোমাৰ লগত!
বাঃ! ইমান জটিল সমস্যা এটাৰ কি সহজ
সমাধান! ধীৱৰৰ হৃদয় আনন্দত নাচি উঠিল। জীৱিকাৰ লগতে তৰুণী স্ত্ৰীৰ সান্নিধ্য
লাভ ! সি স্ত্রীক লগত লৈ জাল লৈ মাছলৈ বুলি ওলাল। পৰস্পৰক সন্মুখত লৈ নাৱৰ দুই
প্রান্তত বহি ল’লে উভয়ে। নাৰীয়ে ধৰিলে গুৰিব’ঠা
আৰু পুৰুষে ধৰিলে ব’ঠা!
নাও আগবাঢ়িবলৈ ধৰিলে। পূৰ্ণিমাৰ
জোনটোৱে শুকুলা মেঘৰ আৱৰণ ফালি ৰাশি ৰাশি আলোক মালাৰে বিধৌত কৰিবলৈ ধৰিলে নাওখন। জোনটিয়ে মেঘৰ
ফাঁকেৰে জোনাক ঢালি মোহনীয় কৰি তুলিলে তৰুণী ধীৱৰ-পত্নীৰ মুখমণ্ডল। তৰুণী
স্ত্ৰীৰ সেই ৰূপৰাশি ধীৱৰে মুগ্ধ নয়নে উপভোগ কৰিবলৈ ধৰিলে। ধীৱৰৰ মুগ্ধতা দেখি
ধীৱৰ পত্নীৰ মুখমণ্ডল লাজত ৰক্তিম হৈ উঠিল। জোনটো যেতিয়া মেঘৰ
আঁৰত লুকায়, ধীৱৰ পত্নীয়ে তেতিয়া ওৰণি টানি আশ্বস্ত হয়।
কিন্তু জোনটো আকৌ যেতিয়া মেঘৰ আৱৰণ ভেদ কৰি ওলাই পৰে,
তেতিয়া সহজে কিন্তু নুলুকায় ! ধীৱৰ পত্নী তেতিয়া ব্যস্ত হৈ দীঘলকৈ ওৰণি
টানি লয়, নহ'লে আনফালে মুখ ঘূৰাই বহে। ধীৱৰ্জনে তেতিয়া
স্ত্ৰীৰ সেই অসহায় অৱস্থা নিৰীক্ষণ কৰি মনে মনে হাঁহে।
গংগাৰ সুবিশাল জলৰাশিত পানী কাটি কাটি
নাও আগবাঢ়ি থাকে। কেউফালে নীৰৱ-নিস্তব্ধ। ব’ঠাৰ থেপেৰ থেপেৰ শব্ধহে
শুনা যায় মাথোন। তাৰ মাজতে দূৰণিৰ বিলৰ নিশাচৰ পক্ষীকুলৰ কলৰৱ আৰু কৃষক গাঁৱৰ
কেঁচুৱাৰ ক্ৰন্দন ধ্বনি শুনা যায় সময়ে সময়ে। তাৰ মাজতে নাওখন
পানী কাটি আগবাঢ়ি থাকে।
ধীৱৰে তাৰ পত্নীক ব’ঠা
এৰি তাৰ ওচৰলৈ গৈ বহিবলৈ মাতিলে- আহা, ব’ঠা এৰি মোৰ কাষত
আহি বহাহি।
ইয়াততো বহিয়ে আছোঁ। এইদৰে কৈ
ধীৱৰ-পত্নী আগৰ দৰে নিজৰ ঠাইতে বহি থাকিল৷
ইয়াৰ পাছত ধীৱৰে বহুপ্ৰকাৰ
অনুনয়-বিনয় কৰি মাতিলে যদিও ধীৱৰ- পত্নীয়ে নিজৰ ঠাই এৰি ধীৱৰৰ ওচৰলৈ গৈ নবহিল।
অৱশেষত ধীৱৰে ভূত-প্রেতৰ ভয়ো দেখুৱালে; কিন্তু তাতো বিফল হ’ল।
স্ত্রী আগৰ ঠাইতে অলৰ-অচৰ হৈ বহি থাকিল।
স্ত্ৰীৰ অভিমানৰ কাৰণ উপলব্ধি কৰিব
নোৱাৰি শেষমুহূৰ্তত ধীৱৰে ব’ঠা এৰি স্ত্ৰীৰ ওচৰলৈ আহিল । স্ত্ৰীৰ
হাতৰ পৰা ব’ঠা নি নাও বেলেগ ফালে যাব নোৱাৰাকৈ সি
নাৱৰ দাঁতিত গুৰিব’ঠা বান্ধিলে। ব’ঠাটো বান্ধি
ধীৱৰে স্ত্ৰীক নিজৰ ঠাইলৈ নিবলৈ চেষ্টা চলালে। স্ত্রী তেতিয়াও আগৰ দৰে
অলৰ-অচৰ হৈ বহি থাকিল।
শেষত নিৰুপায় হৈ ধীৱৰে পাল তুলি
স্ত্ৰীৰ ওচৰত আহি বহিল। ইয়াৰ মীমাংসা নহ’লে ব’ঠা বা জাল মৰা
নহ’ব। স্বামীক নিজৰ ওচৰলৈ আহি বহা দেখি ধীৱৰ-পত্নীয়ে অইন
ফালে মুখ ঘূৰাই বহিল। স্ত্ৰীৰ এই ব্যৱহাৰৰ তলা-নলা পাবলৈ ধীৱৰে বাৰে বাৰে
প্ৰশ্ন সুধিও বিফল হ’ল। কোনো উত্তৰ নাপালে৷ আজি সি কিমান যে সুখ
কল্পনা কৰি আহিছিল! সকলো নিৰৰ্থক ! তাৰ মন তিক্ত হৈ উঠিল।
আকাশৰ মেঘৰাশি লাহে লাহে বিশাল বিকট ক’লা
ৰূপ ধাৰণ কৰি সমগ্ৰ আকাশ ছানি ধৰিলে৷ সিফালে কাৰো ভ্রূক্ষেপ নাই। হঠাৎ বিদ্যুত চমকৰ লগতে কামানৰ
দৰে গৰ্গৰ্ শব্দ কৰি মেঘদেৱতা গর্জি উঠিল। ভয়বিহ্বলা ধীৱৰ পত্নীৰ স্বামীৰ বক্ষলগ্না
হোৱাৰ বাবে চেষ্টা চলালে। ধীৱৰো প্ৰথমতে উচাপ্ খাই উঠিছিল। পাছমুহূর্ততে সি নিজক
চম্ভালি ল’লে। স্ত্রী বক্ষলগ্না হোৱা দেখি মেঘদেৱতাক ধন্যবাদ দিলে
সি। মেঘ গর্জনে উজ্জয়িনীৰ প্ৰণয়ীতকৈও কম সন্তোষ নিদিলে ধীৱৰক ! বতাহৰ
বেগ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে। নাৱৰ পালত বতাহ সোমাই প্রবল বেগত আগবাঢ়িবলৈ ধৰিলে
নাও। চৌদিশে আন্ধাৰে আৱৰি ধৰাটো লক্ষ্য কৰিলে ধীৱৰে।
জোনটোৱে ইতিমধ্যে মেঘৰ বুকুত আত্মগোপন কৰিছিলেই। বতাহৰ বেগে বৰ বৰ
ঢৌ সৃষ্টি কৰিলে গংগাৰ বুকুত।
ধীৱৰে পাল নমাই দিলে। লগে লগে নাৱৰ গতি
মন্থৰ হ’ল যদিও বতাহৰ বেগ বঢ়াৰ লগে লগে ডাঙৰ ডাঙৰ ঢৌ উঠিল নৈৰ
বুকুত। ঢৌৰ তালে তালে নাওখনে নৃত্য কৰিবলৈ ধৰিলে। ধীৱৰে গুৰিব’ঠা
খুলি নিজৰ কোলাৰ লগত চেপি টানকৈ বান্ধি ল’লে। কাৰণ তাৰ
পত্নীয়ে অকলে গুৰিব’ঠা ধৰিবলৈ ভয় কৰিব। সি এইবোৰ কৰি অঁতাই
ভয়বিহ্বলা স্ত্ৰীৰ ওচৰত বহি ব’ঠা মাৰিবলৈ ধৰিলে। স্ত্ৰী জড়ৰ দৰে তাৰ
ওচৰত বহি থাকিল। নদীৰ স্রোত আৰু বতাহৰ গতিৰ মাজত তাৰ ব’ঠা মৰাই কোনো কামেই
নিদিলে। ঢৌ আৰু বতাহৰ বেগে ইচ্ছা অনুসৰি নাও পৰিচালিত কৰিবলৈ ধৰিলে। শেষত নিৰুপায়
হৈ ধীৱৰে ব’ঠা এৰি মনে মনে বহি থাকিল।
নাৱৰ দুকাষেদি ঢৌবোৰ আছাৰ খাই পৰিবলৈ
ধৰিলে। পানীৰ ছিটকনি লাহে লাহে নাৱৰ ভিতৰতো সোমাবলৈ ধৰিলে। ধীৱৰে প্ৰমাদ গণিলে। চৌদিশে অন্ধকাৰ।
নাৱৰ চৌদিশে মাথোন ভোকাতুৰ জলৰাশিৰ লেলিহান জিভা।
খন্তেক পাছতে জলস্রোতৰ বেগ সহস্ৰ গুণে
বৃদ্ধি পালে। নাওখন বৃহৎ চাক্নৈয়াৰ মাজত সোমাই পৰা লক্ষ্য কৰিলে ধীৱৰে।
উর্মিমালাৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি ধীৱৰ-পত্নী ভয়ত লেতুসেতু হৈ স্বামীৰ গাত গা
লগাই বহিল। ধীৱৰে স্ত্ৰীৰ পিঠিত হাত বুলাই সান্ত্বনা দিলে- ভয়
নকৰিবা। মই আছোঁ নহয়, সকলো ঠিক হৈ যাব। হো-হোৱাই ধুমুহা আহিল৷ লগতে বিদ্যুৎ
চমক আৰু বজ্ৰৰ ভয়ংকৰ শব্দ। প্রচণ্ড ভয়ত ধীৱৰ-পত্নীয়ে স্বামীক দুবাহুৰে
নিবিড়ভাবে আলিং ধৰি থাকিল। নিজৰ বক্ষস্থল স্বামীৰ গাত হেঁচি ধৰি
হৃদ্পিণ্ডৰ নৃত্য দমন কৰিবলৈ চেষ্টা চলালে তাই।
পানী ছিটিকি আহি নাৱৰ ভিতৰত সোমাবলৈ
ধৰিলে আৰু নাওৰ ভিতৰত পানী বেছি হৈ অহাত নাওখন টল্বল্ কৰিবলৈ ধৰিলে।
স্ত্ৰীৰ নিবিড় আলিংগনৰ সুখপ্রদ স্পৰ্শত ধীৱৰে সকলো পাহৰি থাকিল। কিন্তু নাওৰ
অৱস্থা দেখি এটা সময়ত সি সজাগ হৈ উঠিল। স্ত্রীক নির্মমভাবে আদেশ
দিলে-নাৱৰ পৰা নমা, নহলে নাও ডুবি দুয়ো নিগমে মৰিম।
স্বামীৰ আদেশ পাই স্ত্ৰীয়ে কোনো ধৰণৰ
আপত্তি নকৰাকৈ যন্ত্ৰৱত পানীত জাঁপ মাৰিবলৈ উদ্যত হ’ল। কিন্তু ঢৌৰ
তাণ্ডৱ প্রত্যক্ষ
কৰি তাই সংকুচিতা হৈ উঠিল। স্ত্রীয়ে পানীত নামিবলৈ সংকোচ কৰাটো ধীৱৰৰ সহ্য নহ’ল।
নাও বুৰিবই। খন্তেক বিলম্ব হ'লেই নাৱখন
চাকনৈয়াৰ মাজত সোমাই পৰিব। তেতিয়া আৰু ৰক্ষা নাই। সেয়ে স্ত্ৰীক ঠেলা মাৰি পেলাই
দি সি নিজেও
পানীত জঁপিয়াই পৰিল৷ সি অৰ্ধনিমজ্জিত স্ত্ৰীক সাৱটি ধৰি ক’লে- ভয় নাই,
সাঁতুৰি সাঁতুৰি তোমাক মই পাৰলৈ লৈ যামহি।
ভয়বিহ্বলা ধীৱৰ-পত্নীয়ে স্বামীক
দুবাহুৰে সাৱটি ধৰিলে। ঢৌৰ পাছত ঢৌ আহি ধীৱৰৰ মুখমণ্ডলত খুন্দা মাৰিবলৈ ধৰিলে।
স্ত্রী তাৰ পিঠিত মৃতাৰ দৰে পৰি থাকিল। ইয়াৰ মাজতে ধীৱৰে উদ্যমেৰে সাঁতুৰিবলৈ
ধৰিলে। ধীৱৰৰ এই সংগ্ৰামৰ বিষয়ে একো জানিব নোৱাৰিলে ধীৱৰ
পত্নীয়ে।
কিছু সময় পাছত স্বামীৰ কঠিন মাংসপেশী
তাইৰ বাহুবন্ধনৰ মাজত ফুলি উঠাটো ধীৱৰ পত্নীয়ে উপলব্ধি কৰিব পাৰিলে। পাছমুহূৰ্ততে
অৰ্ধস্পষ্ট সুৰত ধীৱৰ গৰ্জি উঠিল- মোক এৰি দে, নহ'লে
তোৰ লগত ময়ো মৰিম।
ভয়বিহ্বলা ধীৱৰ-পত্নীয়ে তৎক্ষণাৎ
স্বামীক বাহুবন্ধনৰ পৰা মুক্ত কৰি দিলে।
শুকান তৃণৰ দৰে ধীৱৰ পানীৰ ওপৰত ভাহি
উঠিল। স্ত্ৰীৰ বাহুবন্ধনৰ পৰা মুক্ত হৈ ধীৱৰ উচ্ছাস আনন্দত উল্লসিত হৈ উঠিল।
সি দৃষ্টি প্ৰসাৰিত কৰি দেখিলে, চৌদিশে মাথোন বলিয়া ঢৌৰ তাণ্ডৱ নৃত্য।
হঠাৎ তাৰ মনত পৰিল-- তাৰ পিঠিত দেখোন
তাৰ স্ত্ৰী আছিল ! ক লৈ গ'ল তাই? চৌদিশে সি তাৰ
কৰুণ কাতৰ দৃষ্টি বুলাবলৈ ধৰিলে। দৃষ্টিগোচৰ হ’ল
মাথোন ঢৌ আৰু ধুমুহাৰ তাণ্ডৱ নৃত্য। সি চিঞৰি উঠিল- তাৰা, তাৰা! কোনো
উত্তৰ নাহিল।
বতাহত মাথোন প্রতিধ্বনিত হ’বলৈ ধৰিলে-- তাৰা! তাৰা!! প্রবল
বিভীষিকাৰ মাজত সি বলিয়াৰ দৰে ইফালে- সিফালে তাৰ স্ত্ৰীক বিচাৰিবলৈ ধৰিলে।
চৌদিশৰ পৰা তৰংগ ৰাশি আহি তাৰ সন্মুখত প্ৰাচীৰৰ দৰে থিয় হৈ ক'লে-
সাৱধান !
ধীৱৰৰ মনত পৰিল- সি যেতিয়া পানীৰ মাজত
সোমাই গৈ আছিল, তেতিয়া সি তাক এৰি দিবলৈ তাৰাক আদেশ দিছিল। সেই
এটা শব্দতে কোমল বাহুবন্ধন শিথিল কৰি ক’লৈ ভাহি গ'ল তাই? প্ৰতিটো
কথাতে তাই জেদ্ ধৰি বহিছিল । তাৰ অনুনয় তর্জন-গর্জন উপেক্ষা কৰি তাই কিমান দিন
যে বিৰক্ত কৰিছে তাক ! আজি মাথোন এষাৰ কথাতে তাই তাক এৰি দি উটি গ'ল! তিলমানো
দ্বিধাবোধ নকৰিলে তাই! যাৰ স্পৰ্শত তাৰ শৰীৰৰ প্ৰতিটো লোমকূপ ৰোমাঞ্চিত হৈ উঠিছিল,
সেই শৰীৰটোৱে তাৰ ওচৰত দুর্বিষহ যেন লাগিছিল পানীৰ
চাকনৈয়াৰ মাজত সোমাই পৰাৰ পাছত। আঃ, জীৱনৰ কিযে মায়া!
অৱশেষত সি নিজেও পানীৰ মাজত আত্মসমর্পণ
কৰাৰ সিদ্ধান্ত ল'লে, কিন্তু জলদেৱতাই তাৰ দান গ্ৰহণ নকৰিলে। জীৱনৰ
প্ৰতি উৎকট বৈৰাগ্য সত্ত্বেও তাৰ বাল্বয় সক্ৰিয় হৈ থাকিল। তাৰ সদা তৎপৰ হৈ
বাহুদ্বয়ে তাক মুমূর্ষু অৱস্থাত পাৰলৈ লৈ আহিল।
বগা পাল তৰি শ শ নাও প্রজাপতিৰ দৰে
গংগাৰ বুকুৰে ভাহি যায়। তাৰ মাজতে এখন ক্ষুদ্ৰ নাও পাল তৰি ভাহে। লক্ষ্যহীন
উদাস তাৰ গতি, জীৱিকাৰপীড়নত যেন নাওখন নিস্তেজ হৈ পৰিছে। সেই
নাওখনৰ পৰা প্ৰতিদিনে কৰুণ সংগীতৰ সুৰ ভাহি আহে- অকলশৰীয়া নাৱৰীয়া
সংগীত শোকে, ভাহি যায় লোহিত লোকে..…...
(এদিনৰ সংবাদ- ২৪-০১-২০১০)
ক্রীতদাস
মূল- ৰবি পট্টনায়ক
উদ্ধশ্বাসে দৌৰি আহি অৰুণে খবৰ দিলে যে
সুৰেশে আত্মহত্যা কৰিছে।
খবৰটো আমাৰ কাৰণে ইমানেই অপ্রত্যাশিত
আৰু বিস্ময়কৰ আছিল যে প্রায় এক মিনিট সময় আমি আটায়ে নির্বাক হৈ ৰ’লো
আৰু ভয়ার্ত বিস্ময়াভিভূত কেইটামান অৰ্থহীন শব্দ আ-উ-উঃ!ৰ বাহিৰে আমাৰ কণ্ঠৰ পৰা
বেলেগ কোনো শব্দ বাহিৰ নহ'ল।
প্রকৃতিস্থ হৈ প্ৰথমে সনাতনে সুধিলে-
তই ক’ৰ পৰা শুনিলি? কেতিয়া? কেনেকৈ?
একে উশাহে অসংলগ্নভাবে প্রশ্নকেইটাৰ
উত্তৰ দি মূৰৰ পৰা যেন এক গধুৰ বোজাহে নামই দিলে এনেকুৱা ভাৱত দীঘলকৈ
উশাহ টানিলে অৰুণে। তথাপি তাৰ মুখখন মেল খাইয়ে থাকিল আৰু কথাকেইটা পুনৰ সজাই-পৰাই
কোৱাৰ কাৰণে
সি কিছু সময় ল’লে।
অৰুণ সুৰেশৰ ঘনিষ্ট বন্ধু।
বর্তমান মই হাস্পতালৰ পৰা পোনে পোনে
ইয়ালৈ আহিছোঁ। বহু কষ্টেৰে সি নিজক চম্ভালি লৈ এইদৰে ক'লে।
খবৰ যে নিশ্চিত আৰু মৰ্মান্তিকভাবে সত্য,
ইয়াত সন্দেহৰ কোনো অৱকাশ নাছিল। তাৰ কথাৰ পৰা এই কথা স্পষ্টভাবে ওলাই
পৰিল।
ঘটনাৰ সত্যতা সম্পর্কে নিঃসন্দেহ হৈ
আমি আত্মহত্যাৰ কাৰণ জানিবলৈ উদ্গ্রীৱ হৈ উঠিলোঁ।সেয়ে আমি আমাৰ হৃদয়ৰ
অভ্যন্তৰলৈ সোমাই গ'লো আৰু আত্মহত্যাৰ কাৰণ অনুসন্ধান কৰিবলৈ আমাৰ
মনৰ বিশ্লেষাত্মক অংশটোক সক্রিয় কৰি তুলিলোঁ।
মই একো নাজানো। অৰুণে পুনৰ আৰম্ভ
কৰিলে- হাস্পতালৰ পৰা সুৰ্শেৰ ভায়েকে মোলৈ টেলিফোন কৰিছিল। মই লগে
লগে হাস্পতাললৈ গৈ দেখিলো, তাক সুৰেশ বুলি চিনাৰ উপায় নাই। ৰে'লৰ
চকাৰ তলত পৰি দেহ খণ্ড-বিখণ্ড হৈ গৈছে আৰু মুৰটো ছাতুৰ দৰে গুড়ি হৈ
গৈছে। উঃ! দুহাতেৰে
মূৰ চেপি ধৰি অৰুণ ছোফাৰ ওপৰত আঁউজি বহিল। বন্ধুৰ মৃত্যুৰ বেদনা আৰু তাৰ শৱদেহৰ
বীভৎস দৃশ্য মানস চকুত প্রত্যক্ষ কৰি ঘৃণাত টোপোলাত বান্ধি
অনা পুৰণি পাট কাপোৰৰ দৰে সি কোঁচ খাই গ'ল।
আমি আটায়ে সুৰেশৰ স্মৃতিচাৰণ কৰিবলৈ
ধৰিলো। সুৰেশ পাণিগ্ৰাহীৰ দেহাৱয়ব আমাৰ মানস চকুত ভাহি উঠিল। উচ্চতা
পাঁচ ফুট এঘাৰ ইঞ্চি, বলিষ্ঠ, উজ্জ্বল
গৌৰবৰ্ণৰ তেজোদীপ্ত যুৱক৷ সকলো সময়ত পৰিষ্কাৰ-পৰিচ্ছন্ন পোছাক পৰিধান কৰা
সুৰেশক দেখিলে ধাৰণা হৈছিল, যেন কোনোবা টেক্সটাইল মিলৰ বিজ্ঞাপনত
থকা যুৱকৰ ৰূপহে পৰিগ্ৰহ কৰি আহিছে। মাৰ্জিত
ৰুচি, ভদ্র, সম্ভ্ৰান্ত পৰিয়ালৰ সেই প্ৰাণৱন্ত যুৱকক আমি
আটায়ে ভাল পাইছিলো। সি আমাৰ বন্ধুবৰ্গৰ আনন্দৰ উৎস আছিল। নানা কাৰ্যৰ মূল প্ৰেৰণা আছিল।
অথচ সেই সুৰেশে আত্মহত্যা কৰিব বুলি কালি সন্ধিয়া আমাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তলৈকে
আমি উপলব্ধি কৰিব পৰা নাছিলোঁ।
সুৰেশে কিয় আত্মহত্যা কৰিলে কোনে আমাক
সঠিকভাবে ক’ব পাৰিব? তাৰ আত্মহত্যাৰ
কাৰণ কি? আমি আটায়ে কিছুমান বিক্ষিপ্ত ঘটনা মনত পেলাবলৈ যত্ন
কৰিবলৈ ধৰিলো। ঘটনা অৰ্থাৎ এনেকুৱা কিছুমান কথা যিবোৰ তাৰ আত্মহত্যাৰ পূর্বাভাষ
হ’ব পাৰে!
বৰ্তমানৰ পৰিপ্ৰেক্ষিতত সেই ঘটনাবোৰক
আমি ক্রম অনুসৰি সজাই তাৰ আত্মহত্যাৰ কাৰণ উদ্ঘাটন কৰিবলৈ যত্নপৰ হ’লো
। তাৰ অমুক কথা, অমুক ঘটনা, অমুক ব্যৱহাৰে
হয়তো তাৰ আত্মহত্যাৰ পূৰ্বাভাষ আছিল, সেয়ে সেইবোৰ মনৰ মাজত জুকিয়াই
চাবলৈ ধৰিলো। কিন্তু ইয়াৰ কোনটো ঠিক হ’ব? নাই নাই,
একো সঠিককৈ কোৱা সম্ভৱ নহয়। নির্ভুলভাবে কোনো ঘটনা জনাও সম্ভৱ নহয়৷ কাৰণ মানুহৰ মন
বিচিত্ৰ- অদ্ভুত। অদ্ভুত মনৰ কোনো সংজ্ঞা নাই।
মানুহে জন্মলগ্নৰে পৰা তাৰ জীৱন কাল
পর্যন্ত সদায় গড়খাৱৈৰ ওপৰেৰে বাট বুলে। কোনটো পদক্ষেপত সি মৃত্যুৰ গহ্বৰলৈ
সোমাই পৰিব তাক কোনেও ক’ব নোৱাৰে। সেয়ে তাৰ শেষ খোজটো সীমাহীন গহ্বৰৰ
অভ্যন্তৰত পেলাইছে বুলি মৃত্যুৰ আগমুহূৰ্তলৈকে হয়তো সুৰেশেও উপলব্ধি
কৰিব পৰা নাছিল!
হয়তো জন্মলগ্নৰ পৰা মানুহৰ মনত নিজৰ
অজ্ঞাতে নিজক ধ্বংস কৰাৰ এক অহৈতুকী প্রকৃতি অন্তনিহিত হৈ থাকে।
যেতিয়া বাহ্যিক কোনো ঘটনাৰ সংঘাতত সেই
প্ৰৱণতা উজ্জীৱিত হৈ প্ৰৱলতৰ হৈ উঠে তেতিয়া মানুহে নিজক ধ্বংস কৰিবলৈ
বাধ্য হৈ পৰে। বেলেগক হত্যা কৰাটোও আত্মহত্যাৰ প্ৰতিফলনহে মাথোন।
সাধাৰণতঃ দেখিলে ধাৰণা হয়, কোনো
বিফলতা বা বাস্তৱতাক সহ্য কৰিব নোৱাৰাৰ আশংকাই মানুহক আত্মহত্যা কৰিবলৈ
প্ৰবৃত্ত কৰে। বিফল প্রেম, অসহ্য ৰোগ যন্ত্রণা, গৃহকন্দল,
পৰীক্ষা, চাকৰি, অভিমান, ব্যৱসায়ত
অকৃতকাৰ্যতা আদিৰ দৰে বহু প্ৰকাৰ কাৰকে মানুহক আত্মহত্যা কৰিবলৈ
উচটাই থাকে। বহু আগৰে পৰা বন্দুকত গুলী ভৰোৱা থাকে। এই গুলী
ভৰ্তি কৰাৰ প্ৰস্তুতি মানুহৰ অৱচেতন
মনৰ সংগোপন কুঠৰীত বহু বছৰ, বহু কাল আগৰে পৰা আৰম্ভ হয়। আমি যিসকল জীয়াই
আছো, সেইসকলেও সেই ধ্বংসৰ গোপন বীজ হৃদয়ৰ অভ্যন্তৰত কঢ়িয়াই লৈ ফুৰিছোঁ
আৰু ট্রিগাৰ টনাৰ মুহূৰ্তলৈ অপেক্ষা কৰি আছোঁ।
আত্মহত্যাৰ প্রকৃতি সকলো মানুহৰে সমান।
দুর্বল মানুহে নিজৰ বিফলতাৰ কাৰণে নিজকে দায়ী কৰি নিজক ধ্বংশ কৰে। সবল
মানুহে নিজৰ বিফলতাক বেলেগৰ দেহত প্ৰতিফলন কৰি বেলেগক হত্যা কৰে। প্ৰভেদ মাথোন
ইমানইে!
মানুহে নিজক যিমান ভাল পায়, সিমানে
নিজৰ প্ৰতি বিদ্বেষো পোষণ কৰে। সেয়া নহ'লে মানুহে জন্মৰ আদি লগ্নৰ পৰা আজিলৈকে
নিজৰ তেজৰ সোৱাদ ল’বলৈ ইমান উন্মুখ কিয় ? প্রাগৈতিহাসিক
কালত মানুহে অন্যান্য প্রাণীৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ নিজৰ বংশ ৰক্ষা কৰিছিল।
সেয়ে সিহঁতে দল বান্ধি এক গোট হৈ বাস কৰিছিল। কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত মানুহে নিজৰ
বিৰুদ্ধে অধিক যুদ্ধ কৰিছে। প্ৰকৃতিৰ লগত সংগ্ৰামৰ পাছতে মানুহে এতিয়া মানুহৰ
বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। পৃথিবীৰ সকলো প্ৰাণী দল বান্ধি বাস কৰে
আৰু নিজৰ জাতিৰ অন্যান্য প্ৰাণীৰ লগত পৰাপক্ষত যুদ্ধ নকৰে। মানুহেই একমাত্র প্রাণী
যিয়ে নিজৰ জাতিৰ লগত যুদ্ধ কৰে।
পৃথিবীৰ সকলো পশু-পক্ষীক বলপূর্বক নিজৰ
আয়ত্বাধীন কৰি পোহ মনোৱাৰ পাছতো মানুহ সন্তুষ্ট হ’ব পৰা নাই।
সেয়ে মানুহে
নিজৰ স্বজাতিকো দাস কৰি এক অপূর্ব আনন্দৰ গৌৰৱত উৎফুল্লিত হয়। মানুহৰ দিব্য বিচাৰ
শক্তিয়ে এইবোৰ কাৰ্যত প্রবৃত্ত হ’বলৈ বাধা দিয়ে
যদিও প্রত্যেক শতাব্দীত প্রতিনিয়ত দুৰ্বাৰ গতিত মানুহে এই কার্য সংঘটিত কৰি আছে।
খ্ৰীষ্টপূর্ব কালৰ গ্ৰীক আৰু ৰোমান সম্রাটৰ পৰা আৰম্ভ কৰি
মধ্যযুগীয় পাৰস্য, তুৰ্ক, মোগল সম্রাটলৈকে, পুনৰ
ঊনবিংশ শতাব্দীৰ শ্রমিক- ব্যৱসায়ীলৈকে সকলো কালতে মানুহে নিজ
জাতিৰ মানুহক দাস হিচাপে নিযুক্ত কৰি এক অদ্ভুত পৈচাশিক আনন্দ উপভোগ
কৰি আহিছে। পৃথিবীৰ সকলো মানুহৰ মনত অন্য মানুহক দাস কৰি ৰখাৰ প্ৰবত্তি আজিলৈকে
ঠিক অবিকল আগৰ দৰেই জীৱন্ত হৈ আছে।
দেশপ্রেম, ৰাজ্যজয় এইবোৰ
মানুহৰ অন্তনিৰ্হিত জিজ্ঞাসু প্ৰকৃতিৰ প্ৰতিফলন মাথোন। হয় মানুহে নিজে দাস হৈ
থাকিব, নহ'লে
বেলেগক দাস কৰি ৰাখিব। হয় মানুহে নিজেই নিজক ধ্বংস কৰিব, নহ'লে
বেলেগক ধ্বংস কৰিব। এই সত্যই হ’ল মনুষ্য জীৱনৰ শেষ কথা। ৰামায়ণৰ ৰাক্ষস
ৰাৱণ আৰু মহাভাৰতৰ কংসৰ পৰা আৰম্ভ কৰি মহান দেৱতা শ্ৰীকৃষ্ণলৈকে আলেকজেণ্ডাৰ,
নেপোলিয়নৰ পৰা আৰম্ভ কৰি হিটলাৰলৈকে সকলো যুগতে, সেয়া
দেৱতাই হওঁক অথবা ৰাক্ষসেই হওঁক, মানুহৰ মনত নিজৰ বংশক ধ্বংস কৰাৰ
অহৈতুকী প্ৰকৃতিৰ প্ৰকাশ ঘটিছে। মানুহ হৈ জন্ম গ্ৰহণ কৰি মানুহৰ এই অবদমিতপ্রকৃতি ভগবান
শ্রীকৃষ্ণ অথবা ৰামচন্দ্ৰয়ো অপসাৰিত কৰিব পৰা নাই। কাৰণ এই প্ৰবৃত্তিৰ নামেই হ’ল
মানুহ। নির্দিষ্ট ঘটনা, নির্দিষ্ট ব্যক্তি নিমিত্ত মাত্ৰ। ৰাৱণ, হিটলাৰ
অথবা নির্দিষ্ট যুগক দোষারূপ কৰা অবান্তৰ। এই ধ্বংসাত্মক প্ৰকৃতিৰ ৰুদ্ৰ ৰূপেই
প্ৰকৃত সত্য।
মই সিদিনা নিশা সপোন দেখিলো। ৰোম নগৰীৰ
উপকণ্ঠত বিৰাট এম্ িথিয়েটাৰ। চিনেটৰ সম্ভ্রান্ত নাগৰিকৰ ভিৰত ষ্টেডিয়াম
পৰিপূৰ্ণ। আজি এক মহোৎসৱৰ দিন। ৰোম নগৰীৰ অগণিত জনস্রোত এম্ িথিয়েটাৰলৈ ঢাপলি
মেলিছে। গেলাৰীত
উপৱিষ্ট হেজাৰ দৰ্শকৰ ঔৎসুক্য চকু এম্ফি থিয়েটাৰৰ মুক্তাংগনৰ ফালে নিৱদ্ধ হৈ
আছে। আজি এক অভিনৱ যুদ্ধ হ’ব। গ্লেডিয়েটৰ সকলৰ নহয়- ক্রীতদাসৰ
লগত সিংহৰ যুদ্ধ নহয়-- বুল ফাইটো নহয়। আজি ক্রীতদাসৰ লগত ক্রীতদাসৰ এক
অভিনৱ নতুন যুদ্ধ হ’ব। আটাইৰে তেজত এক নতুন উত্তেজনা। হঠাৎ
ৰাজমুকুট পৰিহিত, বিভিন্ন ৰঙৰ বস্ত্ৰৰে শোভিত, বৰ্ম
তৰোৱালৰে সুসজ্জিত মহামহিম ৰোম সম্ৰাটে মুষ্টিৱদ্ধ সোঁহাত ওপৰলৈ দাঙি বৃদ্ধাঙ্গুলি
প্ৰদৰ্শন কৰি অনুষ্ঠান আৰম্ভণীৰ নির্দেশ দিলে। বজ্রনিনাদৰ দৰে সমগ্ৰ
ষ্টেডিয়াম নিনাদিত হৈ উঠিল।
ৰোম সম্ৰাটৰ জয়ধ্বনিত সমগ্ৰ চহৰৰ
বায়ুমণ্ডল প্রকম্পিত হৈ উঠিল। সেই মহাশব্দৰ বিস্ফোৰণ ক্রমশঃ স্তিমিত হৈ উঠাৰ
মুহূৰ্তত আন এজন চিনেটৰ দণ্ডায়মান হৈ ঘোষণা কৰিলে-- আজিৰ এই মহাযুদ্ধ এক অভিনৱ
ঘটনা। ৰোম নগৰীৰ নাগৰিক সকলক নতুন উত্তেজনাৰ আনন্দ প্ৰদানৰ
কাৰণে মহামহিম সম্ৰাটে এক নতুন অভিনৱ পৰিকল্পনা কৰিছে। ইয়াত দুদল ক্রীতদাসে
অংশ গ্ৰহণ কৰি পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ’ব। যিদলে বিজয়
সাৱ্যক্ত কৰিব মহামহিম সম্রাটে সেই দলক মুক্তি প্রদান কৰিব।
ঘোষণা শেষ হোৱাৰ লগে লগে সমবেত দৰ্শকৰ
আনন্দ উল্লাস ধ্বনিত পুনৰ ৰোম নগৰীৰ আকাশ-বতাহ প্রকম্পিত হৈ উঠিল।
বিভিন্ন বৰণৰ সাজ-পোছাকেৰে সজ্জিত দুদল
ক্রীতদাস মুক্ত ৰণাংগনৰ ফালে আগবাঢ়ি আহিল। প্ৰহৰীসকলে সিহঁতৰ হাত-ভৰিৰ
শিকলি খুলি দি প্ৰত্যেকৰ হাতত নানা প্ৰকাৰ অস্ত্র-শস্ত্ৰ, ঢাল-তৰোৱাল,
বৰ্শা, ছুৰী তুলি দিলে। তিনিবাৰ যুদ্ধৰ দামামা
বাজি উঠিল। তাৰ পাছতে যুদ্ধ আৰম্ভ হ’ল। জীয়াই থকাৰ সংগ্ৰাম— মুক্তিৰ
সংগ্ৰাম! মুক্তিৰ আশাত অন্ধ হৈ দুদল প্রাণপণে সংগ্ৰামত প্রবৃত্ত হ’ল।
বৰ্ণাৰ আঘাতত কোনোবাৰ প্ৰাণ বায়ু ওলাই গৈছে, তৰোৱালৰ আঘাতত
কাৰোবাৰ মস্তক
স্কন্দচ্যুত হৈ পৰিছে। কিন্তু কোনেও পিছ হোঁহকি যোৱা নাই। দ্বিগুণ উৎসাহেৰে
প্ৰতিপক্ষৰ ওপৰত আঘাত হানিছে। গেলাৰীৰ পৰা মুহুর্মুহুঃ উচ্চাৰিত হৈছে—মাৰ
মাৰ, হান-কাট ধ্বনি। দুদলক উৎসাহিত কৰাৰ কাৰণে গেলাৰীৰ দৰ্শক উত্তেজনাত থৰ
থৰকৈ কঁপিছে। আনন্দত, হাঁহিত উদ্বেলিত হৈছে গেলাৰী।
মুক্ত ৰণাংগনৰ তেজৰ নদী প্রবাহৰ মাজত
অসংখ্য ক্রীতদাসৰ মৃতদেহ। আহতসকলৰ আর্ত চিৎকাৰ। কিছু সময় পাছতে দেখা
গ'ল, দুদলৰ মাজত কোনেও দণ্ডায়মান অৱস্থাত নাই।
ইয়াৰ মাজতে কিছুমানে ওপৰলৈ হাত দাঙি প্রাণভিক্ষা মাগি আছে।
সম্রাটে পুনৰ তেওঁৰ মুষ্টিৱদ্ধ হাত
উত্তোলন কৰিলে। সমগ্ৰ জনতাই সম্ৰাটৰ ফালে মুষ্টিৱদ্ধ হাত আগবঢ়াই দিলে ৷ সম্ৰাটৰ বৃদ্ধাঙ্গুলিৰ
মূৰ এইবাৰ নিম্নমুখী হ’ল। নিন্মমুখী বৃদ্ধাঙ্গুলিৰ নিৰ্দেশেৰে সম্ৰাটে
যুদ্ধ সমাপ্তি ঘোষণা কৰিলে। লগে লগে প্ৰহৰীসকল ৰণাংগনৰ ভিতৰলৈ সোমাই আহিল। হাত দাঙি
মুক্তিৰ কাৰণে প্রার্থনা কৰি থকা অৱশিষ্ট বিজয়ী ক্রীতদাসৰ মস্তক প্ৰহৰীসকলৰ তৰোৱালৰ
আঘাতত খন্তেক সময়ৰ ভিতৰতে স্কন্দচ্যুত হ’ল। সমুদ্ৰৰ জলস্রোতৰ গৰ্জনৰ দৰে
অট্টহাঁহিৰ ঢৌ খেলি গ'ল গেলাৰীত। মূৰ্খ মুক্তি পাব বুলি
ভাবিছিল! হাঃ হাঃ হোঃ হোঃ অট্টহাঁহিৰ ভয়ংকৰ শব্দত পুনৰ ৰোম নগৰীৰ আকাশ-বতাহ প্রকম্পিত
হৈ উঠিল। সেই অট্টহাঁহিৰ মাজত ক্রীতদাসৰ ক্ৰন্দন ধ্বনি বিলীন হৈ গ'ল
আৰু সেই অট্টহাঁহিৰ বিকট শব্দত মোৰ টোপনি ভাঙি গ'ল।
মই ভয়ত সন্ত্রস্ত। দেহৰ পৰা
অবিশ্রান্ত ধাৰাত ঘামৰ সোঁত বৈ আছে। মই চিঞৰিব খুজিছো, অথচ মুখ মেলিব
পৰা নাই। উঠিবলৈ
ইচ্ছা গৈছে, অথচ উঠিব পৰা নাই। কোনোবাই যেন মোক খাটৰ লগত
চিলাই কৰি থৈছে। হাত বাউলি কাৰোবাক মাতিবলৈ ইচ্ছা গৈছে, কিন্তু
হাত দাঙিব পৰা নাই।
মই,অৰুণ, সুৰেশ-- সমগ্ৰ
মানৱ জাতিৰ ক্রীতদাসৰ দল। মহাশূন্যত ওলমি আছো। সূৰ্যৰ সাতো বৰণীয়া বৰ্ণালীৰ
অদ্ভুত ব্যাপ্তিময়,
স্বর্ণময় মুক্তিক কৰায়ত্ত কৰাৰ কাৰণে আমি আটায়ে পৰস্পৰৰ বিৰুদ্ধে
অবিশ্রান্তভাবে সংগ্ৰামৰত। জীয়াই থকাৰ অমৃত, জীৱন সুধা
প্ৰাপ্তিৰ আশাত আমি খড়্গ উত্তোলিত কৰি আছো। এইবোৰ আমি যুগ যুগ ধৰি কৰি চলিছো।
কেতিয়াবা নিজৰ
বিৰুদ্ধে, কেতিয়াবা আকৌ নিজৰ ভ্ৰাতৃৰ বিৰুদ্ধে।
যদিও সিফালে কোনোবা এক অপ্রতিদ্বন্দ্বী,
মহাপ্রতাপী, মহামহিম সম্ৰাটৰ অদৃশ্য হাতৰ ৰত্নখচিত
বৃদ্ধাঙ্গুলি মহাশূন্যৰ অভ্যন্তৰৰ পৰা পৃথিবী পৃষ্ঠলৈ বুলি নিন্মমুখী
কৰি ৰাখিছে।
(অগ্রদূতৰ সাহিত্য বীথিকা- ০৮-০৭-২০১৩)
অদৃষ্ট সময়
মূল- মনোজ দাস
স্বাধীনতা প্রাপ্তিৰ বহু আগৰ ঘটনা।
কেৰাণীসকলৰ কাৰণে তেতিয়া টাই আৰু ফুলপেণ্ট পিন্ধাটো খুবেই গুৰুত্বপূৰ্ণ কথা বুলি
ধাৰণা কৰা হৈছিল। বাস্তৱিকতে সেয়া কোনো দুর্লভ সপোনতকৈ কম নাছিল। ঠিক এনেকুৱা এটি
সময়তে মিষ্টাৰ ডাট চাহাব ‘মেচার্চ বুল এণ্ড বুলবুল লিমিটেড’ৰ
স্থানীয় শাখাৰ মেনেজাৰ হৈ আহিছিল। কামত যোগদান কৰিয়ে তেওঁ কাৰ্যালয়ৰ সকলো
কেৰাণীক পাছদিনাৰ পৰা ফুলপেণ্ট আৰু নেকটাই পিন্ধি কাৰ্যালয়লৈ অহাৰ কাৰণে এক
নির্দেশ জাৰি কৰিছিল। আর্থিক অনাটনৰ কাৰণে উক্ত নিৰ্দেশ পালন কৰিবলৈ
অসুবিধা হ’ব পাৰে বুলি তেওঁ এমাহৰ দৰমহা অগ্রিম লোৱাৰ বাবেও নির্দেশ
দিছিল।
ঘোষণা শুনি কাৰ্যালয়ৰ আটাইতকৈ পুৰণি
কেৰাণীবাবু গোপাল চন্দ্ৰ মহান্তি খুবেই চিন্তিত হৈ পৰিল ৷ চাকৰিৰ খাতিৰত সি
তেতিয়ালৈকে যিমান শাখা পৰিচালকৰ লগত কাম কৰিছে আটাইৰে কৃপাপাত্ৰ হৈ থকাৰ কাৰণে
সদায় যত্ন কৰি আহিছে। ভাগ্যবশতঃ চাকৰিত যোগদান কৰাৰ কিছুদিন পাছত এজন
বয়োবৃদ্ধ কেৰাণীৰ পৰলোকপ্রাপ্তিৰ পাছত এখন শোকসভা অনুষ্ঠিত হৈছিল। উক্ত শোকসভাত অংশগ্ৰহণ
কৰি সি ‘হে আত্মন, নিদ্ৰা পৰিহৰি' নামৰ এটি কবিতা
অশ্ৰুবিগলিত চকুত নিষ্ঠাপূর্বক পাঠ কৰিছিল । ফলত পাছৰ পৰ্যায়ত
সকলো ধৰণৰ ভাষণৰ দায়িত্ব তাৰ ওপৰত ন্যস্ত কৰাটো এক প্ৰকাৰ পৰম্পৰাৰ দৰে
হৈ পৰিছিল৷ ইয়াৰ ফলত নতুন মেনেজাৰসকলক আদ্ৰাৰ কাৰণে আয়োজিত আদৰণী সভাত সি নিজৰ
দক্ষতা প্ৰদৰ্শন কৰি সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল আৰু
কোনো চাহাবৰ কোনো বস্তুৰ প্ৰয়োজন হ'লে সৰ্বপ্ৰথমে তেওঁকেই মাতি
পঠাইছিল- হেলোঃ, মিষ্টাৰ গোপাল অথবা মিষ্টাৰ গোপ্যাল..
হয় চাকৰি জীৱনত সি উপলব্ধি কৰিছে যে
চাহাবসকলৰ বিদায় অথবা আদৰণী সভাত ভাষণ দিয়াটো কম বিপদৰ কথা নহয় ! এবাৰ সি এজন এংলো ইণ্ডিয়ান
শাখা পৰিচালকৰ বিদায় সভাত অশ্ৰুবিগলিত হোৱাৰ অভিনয় কৰি সেপ ঢুকি ঢুকি ভাষণ
দিব লগা হৈছিল আৰু দুই-এবাৰ অসাৱধানতাবশতঃ ‘ছেড ডিপাছাৰ’(শোকাকুল
বিদায়)ৰ পৰিৱৰ্তে ‘ছেড ডিমাইজ’ (শোকাকুল মাহযাত্রা)কৈ পেলাইছিল। পাছত
ভুলটো ধৰিব পাৰি জিভা কামুৰি ধৰিছিল যদিও কোনো লাভ হোৱা নাছিল। দুবছৰ
পাছত সেই গৰাকী মেনেজাৰ পুনৰ কটকলৈ বদলি হৈ অহাৰ পাছত গোপাল বাবুই উৎসাহপূৰ্ণ ভাষণ
প্ৰদান কৰাৰ পাছতো মেনেজাৰ্গৰাকীয়ে তেওঁক ইমানেই নগুৰ-নাগতি
কৰিছিল যে কেতিয়াবা কেতিয়াবা সি চকু-পানী লুকুৱাবলৈ সহকৰ্মীসকলৰ আগত মিছা মাতিব লগা হৈছিল-
ভাই, চকুত কুটা সোমাই গৈছে...।
ডাট চাহাবৰ উপৰোক্ত নিৰ্দেশ জাৰি হোৱাৰ
পাছত গোপাল চন্দ্ৰ মহান্তিৰ এনেকুৱা উপলব্ধি হ’বলৈ ধৰিলে যে
ইমান বছৰে
মেনেজাৰসকলৰ মন পোৱাৰ কাৰণে সি যিমান প্ৰয়াস কৰিছে সকলো নিৰৰ্থক। এবাৰ ডাইচন নামৰ
এগৰাকী চাহাবে কার্যভাৰ গ্ৰহণ কৰিছিল। গছৰ ডালত জুম পাতি বহি
থকা বান্দৰ চোৱাৰ বাবে তেওঁৰ উৎকট হেঁপাহ আছিল। গোপাল বাবুই চাহাবৰ এই হেঁপাহৰ কথা জানিব পাৰি
প্ৰত্যেক দেওবাৰে তাৰ ভঙা চাইকেলখন লৈ ওচৰ-পাঁজৰৰ গাঁওবোৰত জুম বান্ধি থকা
বান্দৰ বিচাৰি ফুৰিছিল আৰু ক'ৰবাত জুম পাতি থকা বান্দৰ দেখা পালেই
ততালিকে চাইকেল চলাই আহি ডাইচন চাহাবক খবৰ দিছিল। খবৰ পোৱাৰ লগে লগে
ডাইচন চাহাব আনন্দত জাঁপ মাৰি উঠি কৈছিল- সুসংবাদ বাবু, সুসংবাদ ! এইদৰে
কৈয়ে তেওঁ ঘোঁৰা লৈ ওলাই পৰিছিল। গোপাল বাবুই তাৰ ভঙা চাইকেলখন লৈ গৰুৰ গাড়ীৰ
দৰে কেৰ্ কেৰ্ শব্দ তুলি জোৰে জোৰে পেডেল মাৰি হেলাই-ফোঁপাই ঘামত
তিতি-বুৰি আগে আগে ৰাস্তা দেখুৱাই লৈ গৈছিল আৰু তেওঁৰ পিছে পিছে ডাইচন চাহাবে ঘোঁৰা ঢেঁকুৰাই
গৈছিল।
এবাৰ এগৰাকী চাহাব আহিছিল। তেওঁৰ আকৌ
মাজনিশা ঘূৰি ফুৰাৰ অভ্যাস আছিল। গোপাল বাবুৰ প্ৰতি অধিক কৃপাদৃষ্টি থকাৰ কাৰণে
তেওঁ গোপাল বাবুক নৈশ সংগী হিচাপে নির্বাচন কৰিছিল। পুহমহীয়া প্ৰচণ্ড শীতৰ মাজত
চাহাবে বিলাতী ‘স্যুট-কোট’ পিন্ধি চিগাৰ
টানি টানি মাজনিশা কাঠজোড়া নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল। গোপাল বাবুই তেতিয়া ঠাণ্ডাত কঁপি
কঁপি তেওঁৰ পিছে পিছে গৈছিল আৰু কেলেহুৱা কুকুৰৰ চিঞৰৰ উত্তৰ দিওঁতে দিওঁতে ভাগৰি
পৰিছিল।
পুৰণি স্মৃতি ৰোমন্থন কৰি গোপাল বাবুই
দীঘলকৈ উশাহ টানি মনে মনে ক’লে- সকলো নিৰৰ্থক, ইমান
দিনে কৰি অহা সকলো প্রচেষ্টা অথলে গ'ল।
অৱশ্যে এইটো ঠিক যে, সেইসকল
চাহাবৰ আটায়ে গোপাল বাবু সম্বন্ধে ভাল ভাল মন্তব্য কৰিছিল। তথাপি কি হ’ল? সকলো
ব্যর্থ। কিয়নো কাইলৈ যদি তেওঁ নেক্টাই আৰু ফুলপেণ্ট পিন্ধি অফিচলৈ যাব নোৱাৰে
তেনেহ'লে ডাট চাহাব তেওঁৰ প্ৰতি অসন্তুষ্ট হ’ব
আৰু যদি ডাট চাহাব অসন্তুষ্ট হয়, তেনেহ'লে অলপতে যি ‘ছুপাৰিন্টেনডেণ্ট’ৰ
পদ সৃষ্টি হ’ব সকলো যোগ্যতা থকা সত্ত্বেও তেওঁৰ সেই
পদলৈ পদোন্নতি নহ’ব। কিয়নো ডাট চাহাব কোম্পানীৰ মুখ্য অংশীদাৰ
আৰু আটাইতকৈ
প্রিয়ভাজন ব্যক্তি। গতিকে চাহাবে যি বিচাৰিব সেয়াই হ’ব।
হঠাৎ গোপাল বাবুৰ চকুত তেওঁৰ অতি
পৰিচিত সহকৰ্মীসকলৰ চেহেৰাও কিছু বেলেগ বেলেগ লাগিবলৈ ধৰিলে। তেওঁৰ ল’ৰালিৰ বন্ধু
বিধান বাবুই লাহে লাহে চাহাবী পোচাক পিন্ধাৰ অভ্যাস কৰিবলৈ ধৰিলে। আগতে সি তাৰ তপা
মূৰটো ৰ'দৰ
পৰা ৰক্ষা কৰিবলৈ এক বিশেষ ধৰণৰ টুপী পিন্ধিছিল। ডাট চাহাবৰ নিৰ্দেশৰ পাছৰ পৰা সি
ধুতি-কুৰ্তাৰ ওপৰত নেকটাই লগাই লুকাই-চুৰকৈ অফিচলৈ আহিবলৈ ধৰিলে।
এইদৰে দুই-তিনিদিন অভ্যাসৰ পাছত সি এদিন হঠাৎ পেণ্ট-চাৰ্ট পিন্ধি অফিচলৈ
আহিল।
মুলীধৰ বাবু অফিচৰ ষ্টেনো। ফুলপেণ্ট
আৰু পায়জামাৰ মাজত সি বিশেষ পার্থক্য দেখা নাছিল। এদিন সি পায়জামা পিন্ধি
চোলা ‘ইনছাইড’ কৰি অফিচলৈ আহিল। উক্ত দৃশ্য ডাট চাহাবৰ চকুত
পৰাৰ লগে লগে তেওঁ খঙত জ্বলি-পকি উঠিল। এই ঘটনাৰ এসপ্তাহমান পাছতে সি
ফুলপেণ্ট-চাৰ্ট পিন্ধি সম্পূৰ্ণৰূপে চাহাব হৈ পৰিল।
এই মানসিক অস্থিৰতাৰ মাজতে গোপাল
বাবুলৈ এটি বেয়া খবৰ আহিল। শীঘ্ৰেই ‘ছুপাৰিন্টেনডেণ্ট’ পদৰ
বাবে ইণ্টাৰভিউ’
লোৱা হ'ব বুলি ডাট চাহাবে ঘোষণা কৰিলে। কাৰণ অফিচৰ একে
বয়সৰ পাঁচ-ছয়জন কৰ্মচাৰীৰ মাজৰ পৰা যোগ্য ব্যক্তি নিৰ্বাচনৰ বাবে
ইণ্টাৰভিউৰ বাহিৰে বেলেগ কোনো বিকল্প নাছিল ডাট চাহাবৰ ওচৰত। গোপাল বাবুই ইমান দিনে
অর্ধ চাহাবী জাক্ক্জমকতাৰ যি সোণালী সপোন দেখি আছিল, সেয়া উক্ত
ঘোষণাৰ পাছতে হাতৰ পৰা সৰকি যোৱাৰ উপক্ৰম হ'ল। শেঁতা পৰি গ'ল
তেওঁৰ ভৱিষ্যতৰ সোণালী কল্পনা। হৃদয় দুখেৰে ভৰি পৰিল। চিৰ পৰিচিত ধুতি-কুৰ্তাৰ
দৰে তেওঁৰ
বিনম্ৰ স্বভাৱৰ এতিয়া কি হ’ব? অফিচলৈ অহা এই
পৰিৱৰ্তনৰ ঢৌৱে তেওঁৰ সকলো আশা -আকাংক্ষা উটুৱাই লৈ নাযায়তো! ডাট চাহাবে তেওঁক অফিচৰ
নিয়ম-কানুন অৱজ্ঞাকাৰী কৰ্মচাৰী হিচাপে ঘোষণা নকৰেতো ! যদি তেনেকুৱাই হয়, তেনেহ'লে
সি উক্ত ইণ্টাভিউত অংশ গ্ৰহণ নকৰাই উচিত হ’ব বুলি ভাবিলে গোপাল বাবুই। তদুপৰি
ইণ্টাৰভিউ সম্বন্ধে পঁচিছ বছৰ আগৰ এক ভয়ো চেপি বহিল তেওঁৰ
হৃদয়ত। তেতিয়া তেওঁ চাকৰিৰ সন্ধানত আছিল। এক উচ্চ পদবীৰ ইণ্টাৰভিউৰ সময়ত
ব’ৰ্ডৰ এগৰাকী সদস্যই তেওঁক সুধিছিল- হনুলুলুৰ বিষয়ে আপুনি কি জানে?
ল’ৰালিৰ এক পৰীৰ
কাহিনীত তেওঁ লুলু নামৰ এক সৰু-সুৰা ভূতৰ বিষয়ে পঢ়িছিল। হুনুলুলুৰ প্ৰকৃত অৰ্থ
পাহৰি সেই পৰীৰ
কাহিনী নিজৰ মনতে গুণা-গঁথা কৰি যেতিয়া তেওঁ হুনুলুলুৰ বিষয়ে ক’বলৈ
আৰম্ভ কৰিছিল তেতিয়া ব’ৰ্ডৰ সদস্যসকলৰ হাঁহিৰ শব্দ বোমাৰ দৰে বিস্ফোৰণ হৈছিল
আৰু সেই হাঁহিৰ শব্দত গোপাল বাবুৰ সকলো সপোন ধূলিস্যাৎ হৈ গৈছিল।
পঁচিছ বছৰ পাছত পুনৰ সেই হুনুলুলু!
গোপল বাবুই খুবেই নিৰাশভাবে পৰিস্থিতিৰ কথা নিজৰ পত্নীৰ ওচৰত ভাঙি-পাতি ক’লে।
তাৰ কথা শুনাৰ পাছত শ্ৰীমতী মহান্তিয়ে তেওঁক উৎসাহিত কৰাৰ প্ৰয়াস কৰিলে। তাইৰ ল'ৰালিৰ
বান্ধৱী এজনীৰ
এজন ‘ছাব-ডেপুটী’ৰ লগত বিয়া হৈছিল৷ সেয়ে বান্ধৱীৰ পৰা
এদিনৰ কাৰণে পেণ্ট-চাৰ্ট খুজি অনাটো তাইৰ কাৰণে বিশেষ টান কাম নাছিল। সেয়ে তাই
ভবামতেই বান্ধৱীৰ পৰা পেণ্ট-চাৰ্ট খুজি আনিলে।
ঘৈণীয়েকৰ পৰামৰ্শ অনুসৰি গোপাল বাবুই
দৰজাত ছিটকনি লগাই পেণ্ট-চাৰ্ট পিন্ধিলে। পেণ্ট-চাৰ্ট পিন্ধি আৰ্চিৰ সন্মুখত থিয়
হোৱাৰ লগে লগে হঠাৎ তেওঁৰ মানসপটত ত্ৰিছ বছৰ আগৰ পুৰণি স্মৃতি ভাহি উঠিল। শ্রেণী
শিক্ষকে সিদিনা শ্ৰেণীৰ সকলো ছাত্রক নিজক এজন নৱযুৱক ভাবি আত্মকাহিনী
লিখিবলৈ দিছিল। সিদিনা সি নিজক এজন নৱযুৱক হিচাপে কল্পনা কৰি পুলকিত হৈ উঠিছিল আৰু দুগুণ
উৎসাহেৰে নিজৰ কল্পিত কাহিনী লিখিছিল। সেই কল্পিত কাহিনী লিখি তেওঁ শিক্ষকৰ প্রশংসাও
বুটলিবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ এই কল্পিত চাহাব সজাৰ কাহিনীয়ে তেওঁক পুলকিত
কৰাৰ বিপৰীতে নিৰুৎসাহিতহে কৰি তুলিলে।
সিদিনা নিশা তেওঁ পাছদিনা
লংপেণ্ট-চাৰ্ট পিন্ধি ইণ্টাৰভিউলৈ যোৱাৰ কাৰণে নিজক প্ৰস্তুত কৰি ল’বলৈ
যত্নপৰ হ’ল। এটি বীৰত্বপূৰ্ণ ঐতিহাসিক ঘটনা স্মৰণ কৰি তেওঁ
নিজৰ মনত আত্মবিশ্বাস জগাই তুলি টোপনি গ'ল। মাজনিশা এক কৰুণ চিঞৰ
শুনি তেওঁৰ টোপনি ভাঙি গ'ল। চিঞৰ মাৰিছিল শ্ৰীমতী মহান্তিয়ে।
চিঞৰৰ কাৰণ সোধাত শ্ৰীমতী মহান্তিয়ে কাপোৰৰ আঁচলেৰে চকুপানী মচি ক’লে
যে, সপোনত তাই গোপাল বাবুক সুন্দৰ নিজম নীলাৰঙৰ ফুলপেণ্ট আৰু চাৰ্টৰ লগত
ক'লা ৰঙৰ নেকটাই পিন্ধা দেখিছে। কিন্তু যেতিয়া তাই নিজৰ মূৰটো ওপৰলৈ
দাঙিবলৈ চেষ্টা কৰিলে তেতিয়া তাই দেখিলে, তাইৰ মূৰটো নাই।
দুই-এটা বিখ্যাত ইংৰাজী শব্দৰ সহায় লৈ
তথা আধুনিকতাৰ নাম লৈ গোপাল বাবুই নিজৰ পত্নীক সপোনৰ অৰ্থ বুজাই দিলে
যদিও নিজৰ আত্মবিশ্বাসৰ ঘাম ওলাবলৈ ধৰিলে। ইফালে গোপাল বাবুই আধুনিক দৃষ্টিকোণেৰে
সপোনৰ অৰ্থ ব্যাখ্যা কৰাৰ পাছতো শ্ৰীমতী মহান্তিয়ে সেই সপোনৰ অৰ্থ
অশুভসূচক বুলিয়ে ধৰি ল'লে।
ৰাতি পুৱাল। দিনৰ ন বাজিল। অমনযোগীভাবে
আহাৰ গ্ৰহণ কৰা পাছত গোপাল বাবুই নিজৰ কোঠালি লৈ আহি দুৱাৰ- খিড়িকী বন্ধ কৰি ছাব-ডেপুটীৰ পত্নীয়ে
শ্রদ্ধাপূর্বক দিয়া ৰেচমী লংপেণ্ট-চাৰ্ট কোনোমতে পিন্ধি ল’লে আৰু শ্ৰীমতী
মহান্তিৰ চকুত
জিলিকি থকা চকু-পানী নোচোৱাৰ ইচ্ছাৰে চতুৰালি কৰি তেওঁ এক প্ৰকাৰ দৌৰিয়ে কোঠালিৰ
পৰা ওলাই আহিল। বাহিৰলৈ ওলায়ে তেওঁৰ গতি মন্থৰ হৈ পৰিল। তেওঁৰ
তিনি বছৰীয়া ছোৱালীজনী বাৰাণ্ডাত ধ্যানমগ্ন হৈ খেলি আছিল। দেউতাকক সন্মুখত দেখি তাই হাঁহি হাঁহি
আগবাঢ়িবলৈ ধৰোঁতেই দেউতাকক নতুন আচহুৱা পোছাকত দেখি পৰিচিত আৰু অপৰিচিত্ৰ
চাকনৈয়াত পৰি জোৰে জোৰে কান্দিবলৈ ধৰিলে। যেন তাই কোনোবা অপৰিচিত মানুহক দেখিহে
ভয় খাইছে। আটাইতকৈ
ডাঙৰ কথা হ’ল, তেওঁৰ অতি বিশ্বাসী কুকুৰটোৱেও
গিৰিহঁতৰ নিৰীহ কলেৰৱ ক'লা ৰাহু আচ্ছাদিত দেখি নিৰৱচ্ছিন্নভাবে ভূকিবলৈ ধৰিলে। পৰিচিত
পাণ-দোকানীয়েও তেওঁক এক ধৰণৰ আচহুৱা দৃষ্টিৰে চাবলৈ ধৰিলে। চাৰিওফালে অপৰিচিত
আৰু আচহুৱা ধৰণৰ বাতাৱৰণ লক্ষ্য কৰি গোপাল বাবুই তাতে কিছু সময় কিংকর্তব্যবিমূঢ়
হৈ থিয় দি থাকিল । তাৰ পাছত মুহূৰ্ততে তেওঁ দ্রুত বেগে কোঠালিৰ ভিতৰলৈ
সোমাই আহি কাকো একো নোকোৱাকৈ পিন্ধি থকা পোছাকযোৰ সলাই নিজৰ পুৰণি ধুতি-কুৰ্তা পিন্ধি
অফিচলৈ বুলি ওলাই আহিল৷ বাহিৰত থিয় দি থকা পত্নীক দেখিও নেদেখাৰ ভাও জুৰি তেওঁ
একো নক’লে। গিৰিয়েকৰ অৱস্থা দেখি শ্ৰীমতী মহান্তিয়ে নীৰৱে চকুপানী মচিবলৈ
ধৰিলে।
সিদিনা অফিচৰ বাতাৱৰণতো এক ধৰণৰ
পৰিৱৰ্তন প্ৰচ্ছন্ন হৈ আছিল৷ চাৰিওফালে ইণ্টাৰভিউৰ চৰ্চা হৈ আছিল। আটায়ে ডাট
চাহাবৰ নিৰ্দেশানুসাৰে নতুন পোছাকেৰে সুসজ্জিত হৈ আছিল। একমাত্র গোপাল বাবুই পুৰণি
পোছাক পিন্ধি একোণত মনে মনে বহি থাকিল। তাত বহি তেওঁ এক আচহুৱা
ধৰণৰ সুখ অনুভৱ কৰিবলৈ ধৰিলে। যি সুখ একমাত্র উত্তেজনাৰ পাছতহে অনুভৱ হয় । ইণ্টাৰভিউ চলি
আছিল। তেওঁৰ সহকৰ্মীসকলে লংপেণ্ট পিন্ধি বুকুত হাত স্থাপন কৰি ওলাই আহিল। প্রত্যেকৰে
মুখমণ্ডলত জীউ যাওঁক, মান থাওঁক ধৰণৰ ভাব স্পষ্ট হৈ আছিল। এটা সময়ত
গোপাল বাবুৰ পাল পৰিল। তেওঁ ভিতৰলৈ সোমাই গ'ল। সোমাই যোৱাৰ
লগে লগে ডাট চাহাব গর্জি উঠিল- কি সাহসত...কি সাহসত তুমি...উত্তেজনাৰ কাৰণে
চাহাবে নিজৰ বাক্য সম্পূর্ণ কৰিব নোৱাৰিলে।
গোপাল বাবু মনে মনে থিয় দি থাকিল।
হঠাৎ পঁচিছ বছৰৰ সচেতন আৰু অৱচেতন মনৰ সংযোগত তেওঁৰ অনুভৱৰ আকাশত কিছু পৰিমাণে আশাৰ কিৰণ দেখা
দিলে। আশাৰ কিৰণৰ ফালে দৃষ্টি প্ৰসাৰিত হোৱাৰ লগে লগে তেওঁ অত্যন্ত শান্তভাবে
ক’লে- চাহাব, মই নোৱাৰিলো।
কিন্তু কিয় ? মোৰ নিৰ্দেশৰ
কথা তুমি জনা নাছিলা নেকি? ডাট চাহাব চিঞৰি উঠিল।
গোপাল বাবুই মূৰ দোঁৱাই ক'লে-
জানিছিলো, চাহাব; কিন্তু মোৰ বিবেকে বাধা দিলে।
বিবেক? ডাট চাহাবে নিজৰ
জিজ্ঞাসা প্রকট কৰিলে।
হয় চাহাব, মোৰ বিবেকে মোক
তেনেকুৱা কৰিবলৈ বাধা দিলে। চাহাব, কথা হ’ল মোৰ চাহাবে যি
পোছাক পৰিধান কৰে, ময়ো তেনেকুৱা পোছাক পৰিধান কৰিম,
এয়া কেনেকৈ সম্ভৱ? মোৰ সংস্কাৰে সেয়া মানি নল'লে।
মোৰ স্বৰ্গগামী পিতা এজন আদর্শ কেৰাণী আছিল। তেওঁ ডাঙৰকৈ গোঁফ
ৰাখিছিল। কিন্তু কোনোবা নৱাগত উচ্চ পদাধিকাৰীৰ গোঁফৰ লগত তেওঁৰ গোঁফ মিল খাইছেনে নাই তেওঁ সদায়
লক্ষ্য ৰাখিছিল। যদি তেনেকুৱা হৈছিল, পাছদিনাই তেওঁ মনে মনে নিজৰ গোঁফৰ
আকাৰ সলনি কৰি পেলাইছিল।
গোপাল বাবুৰ কথা শুনি ডাট চাহাবে কিছু
সময় মনে মনে কিবা ভাবিলে৷ পাছত দেৱালত দৌৰি থকা জেঠীৰ ওপৰত দৃষ্টি নিৱন্ধ কৰিলে। কিছু সময় পাছত
দৃষ্টি ঘূৰাই তেওঁ অতি শান্তভাবে ক’লে- বাৰু, এতিয়া তুমি যাব
পাৰা ৷
যথা সময়ত ইণ্টাৰভিউৰ পৰিণাম ঘোষণা কৰা
হ’ল ৷ মেচাৰ্চ বুল এণ্ড বুলবুল লিমিটেডৰ স্থানীয় শাখাৰ ‘ছুপাৰিন্টেনডেণ্ট’ পদত
গোপাল বাবুকে নির্বাচন কৰা দেখা গ'ল।
(দেওবৰীয়া খবৰ- ০৪-০৫-২০১৪)
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন