মহানবী(ছাঃ)ৰ দাম্পত্য জীৱন

 

       


মহানবী(ছাঃ)ৰ দাম্পত্য জীৱন

    এন্তেকালৰ সময়ত নবী(ছাঃ)ন (৯) গৰাকী পত্নীক এৰি থৈ গৈছে। বর্তমান এয়া খ্ৰীষ্টান আৰু ইহুদী লেখকসকলৰ মূল লক্ষ্য হৈ পৰিছে। তেওঁলোকে কয় যে, বহু বিবাহ নিজৰ কামনা আৰু বাসনাৰ ওচৰত নতমস্তক হোৱা বুজায়।তেওঁলোকে কব খোজে যে, নবী(ছাঃ)এ ইছলামৰ অনুমোদিত চাৰিগৰাকী পত্নীত সন্তুষ্ট নাছিল, সেয়ে তেওঁ ইছলামৰ অনুমোদিত সীমা অতিক্ৰম কৰি এঘাৰ গৰাকী মহিলাক বিয়া কৰাইছিল।

            এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, তেওঁ নাৰীক অত্যধিক ভাল পাই এঘাৰ গৰাকী পত্নীক বিয়া কৰাইছিল এনে নহয়, আচলতে তেওঁ প্ৰতিগৰাকী পত্নীক কোনো বিশেষ পৰিস্থিতিত আৰু বিশেষ কাৰণতহে বিয়া কৰাইছিল।

            পঁচিশ বছৰ বয়সত তেওঁ চল্লিশ বছৰ বয়সৰ দিজা(ৰাঃ) সৈতে প্ৰথম বিবাহপাশত আৱদ্ধ হৈছিল। পঁচিশ বছৰ কাল তেওঁ একমাত্ৰ দিজা(ৰাঃ)ৰ লগত বৈবাহিক জীৱন যাপন কৰিছিল অৰ্থাৎ তেওঁ যৌৱনৰ অধিক কাল দিজা(ৰাঃ)লগত পাৰ কৰিছিল।         

                দিজা(ৰাঃ) এন্তেকালৰ পাছত তেওঁ প্ৰথমে বিধৱা সাওদা বিন্ত যাময়াৰ লগত বিয়া পাশত আৱদ্ধ হৈছিল। কাৰণ সাওদাৰ স্বামী আবিচিনিয়ালৈ প্ৰব্ৰজন কৰি যোৱাৰ সময়ত এন্তেকাল হৈছিল। সাওদাহ(ৰাঃ) আছিল এগৰাকী বিশ্বাসী ভদ্ৰমহিলা তাইৰ পিতৃ আৰু ভায়েক ইছলামৰ আটাইতকৈ ঘোৰ শত্ৰুসকলৰ অন্যতম আছিল। যদি তাইক তেওঁলোকৰ ওচৰলৈ উভতি যাবলৈ এৰি দিয়া হলহেঁতেন, তেনেহলে তেওঁলোকে তাইক অন্যায় অত্যাচাৰ কৰিলেহেঁতেন,  যেনেকৈ তেওঁলোকে আন আন বিশ্বাসী(মুছলিম) পুৰুষ-মহিলাৰ ওপৰত অত্যাচাৰ চলাইছিল। হয়তো  তেওঁলোকে তাইক হত্যা কৰিলেহেঁতেন, নহলে নিজৰ বিশ্বাস (ইছলাম) ত্যাগ কৰিবলৈ বাধ্য কৰালেহেঁতেন।

            একে সময়তে তেওঁ তেতিয়া ছবছৰীয়া শিশু আয়েশা(ৰাঃ) বিন্ত আবু বকৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিলৰু নবী(ছাঃ) মদীনালৈ প্ৰব্ৰজন কৰি অহাৰ কিছুদিন পাছত তেওঁ নবী(ছাঃ)গৃহলৈ থাকিবলৈ আহিছিল। নবী(ছাঃ)এ একমাত্ৰ আয়েশা (ৰাঃ)কে কুমাৰী অৱস্থাত বিয়া কৰাইছিল।

            নবী (ছাঃ)মদীনালৈ প্ৰব্ৰজন কৰি আহি আল্লাহৰ বাণী প্ৰচাৰ কৰিবলৈ লৈছিল আৰু এই সময়ছোৱাতে তেওঁ আঠগৰাকী মহিলাৰ সৈতে পৰিণয়সুত্ৰে আৱদ্ধ হৈছিল এই আঠগৰাকী মহিলাৰ আটাইকেইজনে বিধৱা, স্বামী পৰিত্যক্তা, বৃদ্ধ অথবা আদবয়সীয়া মহিলা আছিল এইসমূহ বিয়াৰ আঠ বছৰ পাছতহে আল্লাহই ইতিমধ্যে বিয়া কৰোৱা মহিলাসকলৰ বাহিৰে আন কোনো নাৰীক বিয়া কৰাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। স্পষ্টভাৱে, এইবোৰ পৰিঘটনাৰ দ্বাৰা তেওঁৰ নাৰীৰ প্ৰতি থকা আসক্তি বুজাব নোৱাৰি, কাৰণ তেওঁৰ প্ৰাৰম্ভিক জীৱন আৰু পৰৱৰ্তী জীৱনৰ আদৰ্শই এনে ধাৰণাৰ বিৰোধিতা কৰে।

            গ্ৰন্থখনত পৰ্যায়ক্ৰমে নবী(ছাঃ)এ বিয়া কৰোৱা স্ত্ৰীসকলৰ চমু পৰিচয় ধৰাৰ চেষ্টা কৰিম।

                                   খাদিজা (রাঃ)

            খাদিজা বিন্তে খুৱাইলিদ জন্ম ৫৫৪ খ্ৰীষ্টাব্দতমতান্তৰে ৫৬৭ খ্ৰীষ্টাব্দ তেওঁ হজৰত মহম্মদ(ছাঃ)ৰ প্ৰথম পত্নী আছিল তেওঁ মক্কা কোৰেইচ জনগোষ্ঠীৰ এজন সম্ভ্ৰান্ত আৰু সফল ব্যৱসায়ী খুৱাইলিদ ইবনে আছাদৰ কন্যা আছিল খাদিজা(ৰাঃ)ক মুছলমানসকলে "মুমিনৰ মাতৃ" বুলি সম্বোধন কৰে ইছলাম ধৰ্ম মতে ফাতিমা, আছিয়া আৰু মৰিয়ামসৈতে তেওঁ বেহেস্তৰ চাৰিগৰাকী ভদ্ৰমহিলাৰ ভিতৰত এগৰাকী গুৰুত্বপূৰ্ণ নাৰী ব্যক্তিত্ব হজৰত মহম্মদ(ছাঃ)ৰ লগত মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ একপত্নী হিচাপে সংসাৰ ধৰ্ম পালন কৰিছিল। তেওঁৰ মাতৃৰ নাম ফাতিমা বিন্ত জাইদাহ ফাতিমা বিন্ত জাইদাহ কোৰেইচসকলৰ আমিৰ ইবনে লুয়ায় বংশৰ সদস্য আছিল আৰু হজৰত মহম্মদ(ছাঃ)ৰ মাতৃ আমিনা(ৰাঃ)ৰ ভ্ৰাতৃৰ তৃতীয় জীয়েক আছিল।

            খাদিজাৰ পিতৃ খুৱাইলিদ ইবনে আছাদ এজন বণিক আৰু নেতৃস্থানীয় ব্যক্তি আছিল। কিছুমান বিৱৰণী অনুসৰি এখন যুদ্ধত অংগ্ৰহণ কৰাৰ সময়ত তেওঁৰ ৫৮৫ চনত মৃত্যু হৈছিল, যদিও ৫৯৫ চনত খাদিজাই মহম্মদ(ছাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত তেওঁ জীয়াই আছিল বুলি আন কিছুমানদাবী কৰে খুৱাইলিদৰ উম্মে হাবিব বিন্তে আছাদ নামৰ এগৰাকী ভগ্নীও আছিল।

            ব্যৱসায়- খাদিজা(ৰাঃ) অতি সফল ব্যৱসায়ী আছিল কোৱা হয় যে, যেতিয়া কোৰেইচসকলৰ বাণিজ্যিক কাৰাভান(মৰুভূমিত দল বান্ধি যোৱা পথিক) ছিৰিয়ালৈ গ্ৰীষ্মকালীন অথবা য়েমেনলৈ শীতকালীন যাত্ৰা কৰিছিল, তেতিয়া খাদিজা(ৰাঃ)ৰ কাৰাভান কোৰেইছৰ আন সকলো ব্যৱসায়ীৰ কাৰাভানৰ সমানে সমানে যাত্ৰা কৰিছিল খাদিজাক বহুতো সন্মান প্ৰদান কৰা হৈছিল খাদিজা মাথোন প্ৰভূত ধন-সম্পত্তিৰ ফালৰ পৰাই যশস্বিনী নাছিল, অন্তৰৰ ফালৰ পৰাও তেওঁ যশস্বিনী আছিল। ফলত তেওঁক ধাৰ্মিক, কোৰেইছৰ ৰাজকুমাৰী, আৰু 'মহান খাদিজা আদি নামেৰে সম্বোধন কৰা হৈছিল। তেওঁ তাহিৰা অৰ্থাৎ পবিত্ৰা নামেও পৰিচিতা আছিল। কথিত আছে, যে তেওঁ দুখীয়াক অন্ন ও বস্ত্ৰদান কৰিছিল তেওঁ  আত্মীয়ক আৰ্থিকভাৱে সহায় কৰিছিল আৰু দুখীয়া মানুহৰ ছোৱালীৰ বাবে অৰ্থ যোগান ধৰিছিল। খাদিজাই মূৰ্তিপূজাত বিশ্বাস কৰা নাছিল আৰু মূৰ্তিপূজাত অংশগ্ৰহণ কৰা নাছিল তেতিয়াৰ প্ৰাক-ইছলামিক আৰব সংস্কৃতিৰ বাবে এয়া অস্বাভাৱিক ঘটনা আছিল।

            ব্যৱসায়িক কাৰাভান লৈ খাদিজা(ৰাঃ)ই নিজে যাত্ৰা কৰা নাছিল; ব্যৱসা-বাণিজ্য পৰিচালনা কৰিবলৈ তেওঁ কমিচনৰ বিনিময়ত বেলেগ ব্যক্তিক নিয়োগ কৰিছিল খাদিজা(ৰাঃ)ৰ বাণিজ্যৰ কেন্দ্ৰস্থল আছিল ছিৰিয়া। মক্কাৰ পৰা বাণিজ্যিক পণ্যসামগ্ৰী ক্ৰয় কৰি তেওঁ প্ৰতি বছৰ ছিৰিয়া অথবা য়েমেনলৈ প্ৰেৰণ কৰিছিল। ছিৰিয়াত ব্যৱসায়িক লেনদেনৰ বাবে ৫৯৫ চনত তেওঁৰ এজন সহকৰ্মীৰ প্ৰয়োজন হৈছিল। তেওঁ নবী(ছাঃ)ৰ সুখ্যাতি সম্পৰ্কে অৱগত আছিল। সেয়ে তেওঁ ২৫ বছৰীয়া হজৰত মহম্মদ(ছাঃ)ক ছিৰিয়াৰ ব্যৱসায়ৰ বাবে নিযুক্ত কৰিছিল আৰু কমিচন দুগুণ দিব বুলি প্ৰতিশ্ৰুতি দিছিল হজৰত মহম্মদ(ছাঃ)ৰ ককাক আবু তালিব ইবনে মুত্তালিবৰ অনুমতি সাপেক্ষে খাদিজা(ৰাঃ)ই তেওঁৰ দাস মায়্ৰাহৰ সৈতে মহম্মদ(ছাঃ)ক ছিৰিয়ালৈ পঠিয়াই দিছিল এই যাত্ৰাৰ সময়ত হজৰত মহম্মদ(ছাঃ)এ আল-ছাদিক ('সত্যবাদী') আৰু আল-আমিন ('বিশ্বাসযোগ্য' বা 'সৎ') প্ৰভৃতি সন্মান লাভ কৰিছিল। সিবাৰ ব্যৱসায় কৰি উভতি অহাৰ পাছত মহম্মদ(ছাঃ)এ সঠিক হিচাপ প্ৰদান কৰিছিল। যাৰ ফলত খাদিজা(ৰাঃ)ই সিবাৰ আশা কৰাতকৈ দুগুণ লাভ কৰিবলৈ সক্ষম হৈছিল1

            দ্বিতীয় স্বামীৰ মৃত্যুৰ পাছত খাদিজা (ৰাঃ) বহুদিন বৈধৱ্য জীৱন যাপন কৰিছিল। আৰৱৰ বহু গণ্য-মান্য ব্যক্তিয়ে তেওঁক বিয়া কৰোৱাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, যদিও খাদিজা(ৰাঃ)ই সেইবোৰ প্ৰস্তাব প্ৰত্যাখান কৰিছিল। তদানীন্তন আৰৱ সমাজত ছোৱালীৰ পক্ষৰ পৰা বিয়াৰ প্ৰস্তাৱ প্ৰেৰণৰ ৰীতি প্ৰচলিত আছিল। খাদিজাই নবী(ছাঃ)ৰ বিশ্বস্ততা, ব্যৱসায়িক দক্ষতা, সৰ্বোপৰি চাৰিত্ৰিক গুণত মুগ্ধ হৈ নাফিছা নামৰ এজনী বন্ধৱী (কোনো কোনোৰ মতে দাসী) ক মহম্মদ(ছাঃ)ৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ দি পঠাইছিল পত্নীৰ পোহপাল দিবলৈ ধন নথকাৰ বাবে মহম্মদ(ছাঃ)এ বিবাহ কৰাবলৈ দ্বিধাবোধ কৰিছিল তেতিয়া নাফিছাই সুধিছিল যে, তেওঁ এনে এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হবনে, যাৰ নিজৰ জীৱন-যাপনৰ সামৰ্থ্য আছে? তেতিয়া মহম্মদ(ছাঃ)এ খাদিজাৰ লগত সাক্ষাৎ কৰিবলৈ সন্মত হয় আৰু এই সাক্ষাতৰ পাছত তেওঁলোকে নিজৰ নিজৰ ককাকৰ লগত আলোচনা কৰে ককাকহঁতে বিয়াত সন্মতি প্ৰকাশ কৰে আৰু মহম্মদ(ছাঃ)ৰ ককাকহঁতে আনুষ্ঠানিকভাবে খাদিজাৰ ওচৰত বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰেখাদিজাৰ ককাকে সেই প্ৰস্তাৱ মানি লয় আৰু উভয় পক্ষৰ অভিভাৱকৰ সন্মতি সাপেক্ষে বিবাহকাৰ্য সুসম্পন্ন হয় বিবাহৰ সময়ত মহম্মদ(ছাঃ)ৰ বয়স আছিল ২৫ বছৰ আছিল আৰু বিয়াৰ মোহৰ পাঁচশ দিৰহাম ধাৰ্য কৰা হৈছিল সেই বিবাহ অনুষ্ঠানত নবী(ছাঃ)ৰ পক্ষৰ পৰা উপস্থিত আছিল তাঁৰ খুড়া আবু তালিব আৰু আমিৰ হামজাহ। বিবি খাদিজা(ৰাঃ)ৰ পক্ষৰ পৰা উপস্থিত আছিল তেওঁৰ খুড়া আমৰ-বিন-আছাদ আৰু ওৰাকা বিন নওফেল। কিছুমান সূত্ৰৰ মতে, সেই সময়ত খাদিজাৰ বয়স আছিল ৪০ বছৰ কিন্তু আন সূত্ৰই দাবী কৰে যে, বিবাহৰ সময়ত খাদিজাৰ বয়স আছিল প্ৰায় ২৮ বছৰ। মহম্মদ(ছাঃ)আৰ্থিকভাবে টনকিয়াল হোৱাৰ আগতেই তেওঁৰ ককাকৰ মৃত্যু হৈছিল ফলত আৰ্থিক নাটনিত পৰি তেওঁ খাদিজা(ৰাঃ)ৰ গৃহলৈ গুচি আহিছিল

                 খাদিজা (ৰহঃ)ৰ বয়স সম্পৰ্কে মতানৈক্য-

            ছিয়াসকলৰ মত - ইবনে শ্বাহৰাছুবে আল-ছাফীত আল-ছায়িদ আল-মুৰ্তাদা আৰু আল-তালখিছত আল-শ্বায়খ আল-তুছিৰ পৰা উদ্ধৃতি দিছে যে, মহম্মদ(ছাঃ)ক বিয়া কৰোৱাৰ সময়ত খাদিজা(ৰাঃ) কুমাৰী আছিল। হিজাজৰ সাংস্কৃতিক আৰু বৌদ্ধিক পৰিস্থিতি আৰু আন মানুহৰ লগত খাদিজাই আল-কুব্ৰাই ('মহান খাদিজা) উচ্চ পদবী লাভ আৰু তেওঁৰ মৰ্যাদালৈ বিবেচনা কৰিলে তেওঁ বানু তামিম বা বানু মাখজুম (দুটা 'নিম্ন' জনগোষ্ঠী)ৰ পুৰুষক বিয়া কৰাইছিল বুলি কোৱাটো অসম্ভৱ। কিছুমানৰ মতে খদিজা(ৰাঃ)ৰ সন্তান হিচাপে উল্লেখ কৰা সন্তান দুটা তেওঁৰ ভগ্নী হালাৰ সন্তান আছিল। হালাৰ স্বামীৰ মৃত্যুৰ পাছত খাদিজাই হালা আৰু তাঁৰ সন্তানৰ দায়িত্ব লৈছিল আৰু হালাৰ মৃত্যুৰ পাছত তাঁৰ সন্তানৰ দায়িত্ব লৈছিল

            পক্ষান্তৰে চুন্নীসকলে ভিন্ন মতপোষণ কৰিছে-

         চুন্নীসকলৰ মত- চুন্নীসকলৰ মতে খাদিজাই তিনিবাৰ বিয়া কৰাইছিল আৰু সকলো বিবাহৰ পৰাই সন্তান লাভ কৰিছিল তেওঁৰ বিবাহৰ ক্ৰমৰ ওপৰত বিতৰ্ক চলি থকাৰ সময়তে সাধাৰণতে বিশ্বাস কৰা হয় যে, তেওঁ প্ৰথমে আতিক ইবনে আয়িদ ইবনে আব্দুল্লাহ আল-মখজুমী নামৰ এগৰাকী ব্যক্তিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল আৰু আতিকৰ এন্তেকালৰ পাছত তেওঁ মালিক ইবনে নবাছ ইবনে জাৰ্গাৰী ইবনে আত-তামিমিক বিয়া কৰাইছিল। আতিকৰ ঔৰষত খাদিজাই হিন্দা নামৰ এগৰাকী কন্যা সন্তান জন্ম দিছিল। মালিকৰ ঔৰষত তেওঁৰ দুগৰাকী কন্যা সন্তান জন্ম হয় সন্তান দুজনৰ এজনৰ নাম আছিল হালা আৰু আনজনৰ নাম আছিল হিন্দ।মালিকৰ এন্তেকালৰ পাছত খাদিজাই বহুদিন বৈধব্য জীৱন যাপন কৰে আৰু শেষত মহম্মদ(ছাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হয়

            সন্তান- মহম্মদ(ছাঃ) আৰু খাদিজা(ৰাঃ)ৰ ছয় বা আঠটা সন্তান হ'ব পাৰে বুলি অনুমান কৰা হয় সন্তান সংখ্যাৰ বিষয়ে মতানৈক্য থকা দেখা যায়। আল-তাবাৰীয়ে আঠটা সন্তানৰ কথা উল্লেখ কৰিছে আৰু ইবনে ইছহাক-এ লিখা মহম্মদৰ প্ৰাচীন জীৱনীত সাতটা সন্তানৰ কথা উল্লেখ কৰা হৈছে অৱশ্যে বেছিভাগ উৎসই মাত্ৰ ছটা সন্তানৰ কথা উল্লেখ কৰিছে।

 

            তেওঁলোকৰ প্ৰথম পুত্ৰ সন্তান আছিল কুনয়া আবু কাশিম জন্মৰ তিনদিন পাছত কুনয়া আবু কাশিমৰ মৃত্যু হয়। তাৰ পাছত খাদিজাই তেওঁলোকৰ কন্যা সন্তান জয়নাব, ৰুকায়াহ, কুলছুম আৰু ফাতিমাক জন্ম দিয়ে; আৰু শেষত তেওঁলোকৰ পুত্ৰ সন্তান আব্দুল্লাহৰ জন্ম হয় ৬১৫ চনত

            খাদিজাৰ ঘৰত আন দুটা সন্তানো বাস কৰিছিল: মহম্মদ(ছাঃ)ৰ খুড়াকৰ পুত্ৰ আলী ইবনে আবু তালিব আৰু কালব জনগোষ্ঠীৰ লৰা জায়েদ ইবনে হৰিথাহ। জায়েদক অপহৰণ কৰি দাস হিচাপে বিক্ৰী কৰি দিয়া হৈছিল। ফলত জায়েদ কেবা বছৰ খাদিজা(ৰাঃ)ৰ গৃহত দাস হিচাপে আছিল জায়েদৰ পিতৃয়ে যেতিয়া তেওঁক নিজ গৃহলৈ নিবলৈ মক্কালৈ আহিছিল, তেতিয়া মহম্মদ(ছাঃ)এ জায়েদক তেওঁ ক'ত থাকিব সেয়া সিদ্ধান্ত লবলৈ কৈছিল, তেতিয়া জায়েদে তেওঁ য'ত আছে তাতেই থাকিবলৈ সিদ্ধান্ত লৈছিল ইয়াৰ পাছত মহম্মদ(ছাঃ)ই আইনগতভাৱে জায়েদক নিজৰ পুত্ৰ হিচাপে দত্তক লৈছিল

            ইছলামৰ প্ৰথম অনুসাৰী- পৰম্পৰাগত চুন্নী আখ্যান অনুসৰি মানৱ দৰদী হজৰত মহম্মদ(ছাঃ)এ যেতিয়া হেৰা পৰ্বতৰ গুহাত ফিৰিস্তা জিব্ৰাইলৰ পৰা আল্লাহৰ মনোনীত জীৱন বিধানৰ সওগাত লাভ কৰিছিল, তেতিয়া তেওঁ আতংকিত হৈ ঘৰলৈ উভতি আহি তেওঁক কম্বলেৰে ঢাকিবলৈ খাদিজা(ৰাঃ)ক অনুৰোধ কৰিছিল খাদিজা(ৰাঃ)ই কম্বলেৰে আবৃত কৰাৰ পাছত তেওঁ কিছু শান্ত হয়। শান্ত হোৱাৰ পাছত তেওঁ খাদিজাৰ ওচৰত হেৰা পৰ্বতৰ গুহাৰ অভিজ্ঞতাৰ কথা  বৰ্ণনা কৰে তেতিয়া খাদিজাই তেওঁক এই বুলি সান্ত্বনা দিয়ে যে- আল্লাহে নিশ্চয় আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব কাৰণ আপুনি মৈত্ৰী স্থাপন কৰে, অক্ষম দুখীয়াসকলক সাহায্য কৰে, অতিথিসকলক আশ্ৰয় দান কৰে আৰু কষ্টৰ মাজতো সত্যৰ পোষকতা কৰে।

            খাদিজা (ৰাঃ)ই মাথোন সান্ত্বনাৰ বাণী শুনাইয়ে ক্ষান্ত থকা নাছিল, তেতিয়াই তেওঁ বিনাদ্বিধায় মহম্মদ(ছাঃ)ক আল্লাহৰ নবী হিচাপে মানি লৈছিল। অৰ্থাৎ তেওঁ ইছলাম গ্ৰহণ কৰিছিল। সমগ্ৰ আৰৱ বিশ্ব যেতিয়া কুসংস্কাৰ আৰু অজ্ঞানতাৰ অন্ধকাৰত নিমজ্জিত হৈ আছিল, তেতিয়া খাদিজা(ৰাঃ)ই ইমান সহজতে ইছলামত বিশ্বাস স্থাপন কৰাটো তাঁৰ বিশুদ্ধ চিন্তাৰে পৰিচয় আছিল। কিছুমান সূত্ৰৰ মতে, তেওঁ মহানবী (ছাঃ)ক তৎকালীন ইঞ্জিল ও তওৰাতৰ সুপণ্ডিত আৰৱৰ খ্যাতিমান ব্যক্তি ওৰাকা বিন নওফলৰ ওচৰলৈ লৈ গৈছিল। ওৰাকাৰ ওচৰত হেৰাৰ ঘটনা বিবৃত কৰাৰ পাছত তেওঁ আবেগ বিগলিত কণ্ঠত মন্তব্য কৰিছিল যে, আপোনাৰ জাতিয়ে আপোনাক দেশান্তৰী কৰিব। 

             ছহীহ বুখাৰী ছৰিফত এই ঘটনাৰ বিস্তাৰিত বৰ্ণনা এইদৰে দিয়া হৈছে- আয়সা(ৰাঃ)ই কৈছে, শেষ নবীৰ ওপৰত প্ৰথম ওহীৰ সূত্ৰপাত সপোনৰ মাধ্যমত হৈছিল, তেওঁ সপোনত যি দৰ্শন কৰিছিল, সেয়া প্ৰভাত ৰশ্মিৰ দৰে সুস্পষ্টভাৱে প্ৰতিফলিত হৈছিল। ফলত তেওঁ নিৰ্জনবাস কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ খাদ্যবস্তু লৈ হেৰা পৰ্বতলৈ গৈছিল আৰু তাত ইবাদতত আত্মনিয়োগ কৰিছিল। খাদ্যবস্তু শেষ হৈ গলে পুনৰ খাদিজা(ৰাঃ)ৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু খাদ্যবস্তু লৈ পূৰ্বৰ দৰে তেওঁ হেৰা পৰ্বতলৈ গুচি গৈছিল। ইয়াৰ মাজতে এদিন ফিৰিস্তা জিব্ৰাইল তাঁৰ ওচৰত হাজিৰ হৈ কলে- পাঠ কৰক। তেওঁ উত্তৰ দিলে- মই পঢ়িব নাজানো। তেতিয়া ফিৰিস্তাই তেওঁক সজোৰে আলিঙ্গন কৰি এৰি দি কলে- পঢ়ক। তেওঁ কলে- মই লিখিব পঢ়িব নাজানো। ফিৰিস্তাই দ্বিতীয়বাৰ আলিঙ্গন কৰি কলে- পঢ়ক। তেওঁ আগৰ দৰেই কলে- মই লিখিব-পঢ়িব নাজানো। তেতিয়া ফিৰিস্তাই তৃতীয়বাৰ সজোৰে আলিঙ্গন কৰি কলে- পঢ়ক, আল্লাহৰ নাম লৈ যিজনে আপোনাক সৃষ্টি কৰিছে। তেওঁ ঘনীভূত তেজৰ পৰা মানুহক সৃষ্টি কৰিছে। পঢ়ক, আপোনাৰ মহিমান্বিত প্ৰভুৰ নামত।

            আল্লাহৰ সান্নিধ্যত গৌৰৱান্বিত হৈ নবী (ছাঃ)গৃহলৈ উভতি আহিল। তেওঁ খাদিজা(ৰাঃ)ক কলে- মোক বস্ত্ৰদ্বাৰা আবৃত কৰা, মোক বস্ত্ৰ আবৃত কৰা। তেওঁক বস্ত্ৰদ্বাৰা আবৃত কৰা হল।  ভীতি আঁতৰ হোৱাৰ পাছত তেওঁ খাদিজা(ৰাঃ)ৰ ওচৰত হেৰা পৰ্বতত সংঘটিত হোৱা ঘটনা বিবৃত কৰি কলে- মোৰ ভয় হৈছে। তেতিয়া খাদিজাই কলে- আপুনি ভীত নহব, আল্লাহই আপোনাক পৰিত্যাগ নকৰিব। কাৰণ আপুনি মৈত্ৰী স্থাপন কৰে, অক্ষম দুখীয়াসকলক সাহায্য কৰে, অতিথিসকলক আশ্ৰয় দান কৰে আৰু কষ্টৰ মাজতো সত্যৰ পোষকতা কৰে।

            ইয়াৰ পাছত খাদিজা(ৰাঃ)ই নবী(ছাঃ)ক তেওঁৰ খুড়াকৰ পুতেক ওৰকা বিন নওফেলৰ ওচৰলৈ গৈ গল। ওৰাকা বিন নওফেল যীশুখ্ৰীষ্টৰ ধৰ্মত বিশ্বাসী আছিল তেওঁ ইব্ৰানী ভাষাত ইঞ্জিল লিখিছিল। সেই সময়ত তেওঁ দৃষ্টিশক্তি ৰহিত বয়োবৃদ্ধ আছিল।

            খাদিজা(ৰাঃ)ই কলে- হে মোৰ খুড়াৰ পুত্ৰ! আপোনাৰ ভায়েকৰ পুত্ৰৰ কথা শুনক।

            তেতিয়া তেওঁ(ওৰাকা) কলে- হে মোৰ ভ্ৰাতৃৰ পুত্ৰ......তুমি কি দেখিছা?

            নবী(ছাঃ)এ হেৰা পৰ্বতত সংঘটিত ঘটনা বিস্তাৰিত বৰ্ণনা কৰাৰ পাছত ওৰাকাই কলে- মুছাৰ ওচৰত নামুসই অৱতীৰ্ণ হৈছিল। আফচোচ্, মই যদি তেতিয়া জীৱিত থাকিলোহেঁতেন আৰু মোৰ শক্তি থাকিলহেঁতেন, যেতিয়া আপোনাৰ জাতিয়ে আপোনাক নিৰ্বাসিত কৰিব!

            নবী(ছাঃ)এ সুধিলে- সিহঁতে মোক খেদি পঠিয়াব নেকি?

            ওৰাকাই উত্তৰত কলে- হয়, এয়া যেতিয়া কাৰো ওপৰত নাযিল হয়, তেতিয়া দুনিয়া তাঁৰ বিৰুদ্ধাচৰণ কৰে। মই যদি তেতিয়া জীৱিত থাকোঁ, আপোনাক সহায় কৰিম।

            এই ঘটনাৰ কিছুদিন পাছত ওৰাকাই এন্তেকাল কৰে আৰু কিছুদিনৰ কাৰণে ওহীও বন্ধ থাকে।

            যুগান্তকাৰী কালেমা লা ইলাহা ইল্লাল্লাহই যুগ যুগ ধৰি নিৰ্যাতিত সমাজ ব্যৱস্থাৰ কাৰণে মানৱতাৰ মুক্তিৰ বাৰ্তা বহন কৰি আনিলে। প্ৰথমে আৰৱৰ সমাজপতি আৰু ৰাজনৈতিক নেতৃবৃন্দই তওহীদৰ বিপ্লৱী বাণীত কৰ্ণপাত নকৰিলে। সিহঁতে উৰুৱাই দিব বিচাৰিলে ভৱিষ্যতৰ আদৰ্শ সমাজ ও ৰাষ্ট্ৰ ব্যৱস্থা। পৰৱৰ্তী পৰ্যায়ত সত্যৰ সৈনিকসকলৰ বিৰুদ্ধে মিছা ও ভুৱা প্ৰচাৰ কৰিবলৈ ধৰিলে সিহঁতে। কিন্তু তাতো সফল নহৈ সমগ্ৰ আৰৱ সমাজ একগোট হৈ নবী(ছাঃ) আৰু তেওঁৰ সৈনিকসকলৰ ওপৰত জঁপিয়াই পৰিল। মানৱৰ মুক্তিৰ বাৰ্তাবাহক দলটোক আৰৱৰ পৰা চিৰদিনৰ বাবে উৎখাত কৰাৰ কাৰণে সকলো প্ৰকাৰ অপকৌশল প্ৰয়োগ কৰিলে সিহঁতে

            কিন্তু খাদিজা(ৰাঃ) তাত অকণো বিচলিত নহল। নতুন আন্দোলনৰ সহকৰ্মীসকলৰ সুখ-দুখত তেৱোঁ অংশীদাৰ হল। তেওঁ তেতিয়া সকলো প্ৰকাৰ সহযোগিতাৰ দ্বাৰা নবী(ছাঃ)ৰ হাত শক্তিশালী কৰিছিল আৰু সংকটকালত মূল্যবান পৰামৰ্শ আগবঢ়াইছিল ইতিহাসবিদসকলৰ মতে, দ্বীনৰ দাওয়াতৰ প্ৰতি অবিশ্বাস বা দ্বীনৰ দাওয়াতৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে নবী(ছাঃ)এ যি আঘাত পাইছিল, খাদিজা(ৰাঃ)ৰ সান্নিধ্য লৈ আহিলে সকলো মনোকষ্ট দূৰ হৈ গৈছিল। খাদিজা(ৰাঃ)ই নবী(ছাঃ)ৰ কথাৰ সত্যতা স্বীকাৰ কৰিছিল আৰু অবিশ্বাসীসকলৰ ঘটনাসমূহ নবী(ছাঃ)ৰ ওচৰত লঘূভাৱে পেচ কৰিছিল।

            খাদিজা(ৰাঃ)ই মাথোন মুখতে লা ইলাহা মহম্মাদুৰ ৰাছুল্লাহ উচ্চাৰণ কৰিয়ে ক্ষ্যান্ত থকা নাছিল, নবী(ছাঃ ৰ উপস্থাপিত আদৰ্শ ৰূপায়নৰ কাৰণে অকৃপণ হাতে অঢেল অৰ্থসম্পদ ব্যয় কৰি আৰৱৰ ধনীশ্ৰেষ্ঠ এই মহিলাগৰাকীয়ে সকলো যুগৰ আদৰ্শবাদীসকলৰ কাৰণে উদাহৰণ স্থাপন কৰি গৈছে। আল্লাহই তেওঁক যি অৰ্থসম্পদ দান কৰিছিল, সেয়া তেওঁ নবী(ছাঃ)ৰ আদৰ্শ প্ৰচাৰৰ কাৰণে বিলাই দি গৈছে। তেওঁ কেতিয়াও নিজক সম্পদৰ অধিকাৰী বুলি নাভাবিছিল। কাৰণ তেওঁ মনে-প্ৰাণে বিশ্বাস কৰিছিল যে, আচমান আৰু জমিনৰ মালিক আল্লাহ আৰু একমাত্ৰ আল্লাহৰ বাহিৰে কোনো বস্তুৰ ওপৰতে আন কাৰো অধিকাৰ নাইখাদিজা(ৰাঃ)ৰ ইমান আছিল পৰ্বতৰ দৰে অটল আৰু অবিচল।

            নবী(ছাঃ)ৰ জীৱন সংগীনি আৰু প্ৰচুৰ অৰ্থসম্পদৰ অধিকাৰিণী হৈয়ে তেওঁ নিজ হাতে গৃহৰ সকলো কাজকাম কৰিছিল আৰু লগতে প্ৰিয়তম স্বামীৰ সেৱা-শুশ্ৰূষা কৰিছিল। দাস-দাসীৰ ওপৰত তেওঁ স্বামীৰ দায়িত্ব এৰি দিয়া নাছিল। স্বামীৰ আদৰ্শ প্ৰতিষ্ঠাৰ কামত প্ৰত্যক্ষভাৱে সহায়-সহযোগিতা কৰাৰ পাছত যিখিনি সময় পাইছিল, সেই সময়খিনি তেওঁ সাংসাৰিক কামত ব্যয় কৰিছিল। সেয়ে নবী(ছাঃ)এ তেওঁক নিজৰ স্ত্ৰী হিচাপে স্মৰণ কৰাতকৈও , প্ৰথম মুছলমান আৰু সহযোগী হিচাপে বেছি স্মৰণ কৰিছিল

            নবী (ছাঃ)এ নবীত্ব প্ৰাপ্তিৰ ১০ বছৰৰ পাছত ৬১৯ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত (ৰমজান মাহৰ ১১ তাৰিখত) খাদিজা(ৰাঃ)ই এন্তেকাল কৰে পাছলৈ মহম্মদ(ছাঃ)এ এই দশম বছৰটোক "দুখৰ বছৰ" বুলি অভিহিত কৰিছিল কাৰণ তেওঁৰ প্ৰিয় খুড়াক আৰু ৰক্ষক আবু তালিবৰও এই সময়ত মৃত্যু হৈছিলমৃত্যুৰ সময়ত খাদিজা(ৰাঃ)ৰ বয়স প্ৰায় ৬৫ ​​বছৰ আছিল বুলি কোৱা হয়। চৌদি আৰৱৰ মক্কাত অৱস্থিত জান্নাত আল-মুআল্লা কবৰস্থানত তেওঁক সমাধিস্থ কৰা হৈছে

            মহম্মদ বিন ইছহাকৰ আন এক প্ৰতিবেদনত কোৱা হৈছে যে, "আবু তালিব আৰু খাদিজা বিন্তে খুৱাইলিদৰ মৃত্যু একে বছৰতে হৈছে এয়া আল্লাহৰ ৰাছুল (মহম্মদ)ৰ মদীনালৈ প্ৰব্ৰজন কৰাৰ তিনি বছৰৰ আগৰ কথা। খাদিজা(ৰাঃ)ক আল-হাজুনত সমাধিস্থ কৰা হৈছিল। নবী(ছাঃ)এ নিজে তেওঁক কবৰত সমাধিস্থ কৰিছিল। আল্লাহৰ ৰাছুলে যেতিয়া তেওঁক বিয়া কৰাইছিল তেতিয়া তেওঁৰ বয়স আছিল ৪০ বছৰ"

            খাদিজা(ৰাঃ)ৰ এন্তেকালৰ ঠিক পাছৰ বছৰবোৰত মহম্মদ(ছাঃ)এ তেওঁক বিৰোধিতা কৰা সকল আৰু প্ৰথমে তেওঁৰ বাৰ্তাৰ প্ৰতি বিশ্বাস স্থাপন কৰি পাছত সেই বিশ্বাস ত্যাগ কৰা কিছুমানৰ পৰাও নিৰ্যাতনৰ সন্মুখীন হৈছিল। শত্ৰু জনগোষ্ঠীয়ে তেওঁক উপহাস কৰিছিল আৰু শিলগুটি নিক্ষেপ কৰিছিল খাদিজা(ৰাঃ)ৰ মৃত্যুৰ পাছত মহম্মদ(ছাঃ) ইয়াথ্ৰিবলৈ প্ৰব্ৰজন কৰে, যাক পাছত মদীনা নাম দিয়া হয়। খাদিজা(ৰাঃ)ক তেওঁৰ কন্যা ফাতিমা, যীচুৰ মাতৃ মৰিয়ম আৰু ফিৰাউনৰ পত্নী আছিয়াৰ লগতে পৃথিৱীৰ শ্ৰেষ্ঠ চাৰিগৰাকী মহিলাৰ ভিতৰত অন্যতম বুলি প্ৰশংসা কৰা হয়।

            খাদিজা(ৰাঃ)ৰ চৰিত্ৰ সম্পৰ্কে পৃথকভাবে একো কোৱাৰ অৱকাশ নাই। কিয়নো, অন্ধকাৰাচ্ছন্ন আৰৱ সমাজত যেতিয়া সৰ্বস্তৰৰ আৰৱসকল নাৰী সম্পৰ্কে নীচ ধাৰণা পোষণ কৰিছিল, তেতিয়াই তেওঁ তাহিৰা(পৱিত্ৰা)সন্মানত ভূষিতা হৈছিল। প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁ চাৰিত্ৰিক বিশিষ্টতাৰ গুণত সৰ্বজন শ্ৰদ্ধেয়া আছিল।

            খাদিজা(ৰাঃ)ই বৈবাহিক জীৱনতো আদৰ্শস্থানীয়া নাৰী হিচাপে ইতিহাসত নিজৰ আসন স্থায়ী কৰি গৈছে। হজৰত আয়েসা(ৰাঃ)ৰ এক প্ৰশ্নৰ উত্তৰত নবী(ছাঃ)এ কৈছিল- মানুহে যেতিয়া মোক মিথ্যা সাৱ্যস্ত কৰিছে, তেতিয়া খাদিজাই মোৰ সততাৰ স্বপক্ষে সাক্ষ্য প্ৰদান কৰিছে। আৰৱৰ মানুহ যেতিয়া কাফিৰ আছিল, তেতিয়া তেওঁ ইছলাম কবুল কৰিছে। যেতিয়া মোৰ কোনো সাহায্যকাৰী নাছিল, তেতিয়া তেওঁ মোক সাহায্য কৰিছে। (ছহী বুখাৰী শ্বৰিফ)।

            স্বয়ং নবী(ছাঃ) যত বিবি খাদিজা(ৰাঃ)ৰ চাৰিত্ৰিক বিশিষ্টতা আৰু গুণ-গৰিমাৰ স্বীকৃতি দিছে, তাত আৰু সাক্ষ্যপ্ৰমাণৰ আৱশ্যকতা নাইইয়াৰ উপৰিও বংশ মৰ্যদা, ধন-সম্পদ. খ্যাতি ও সন্মান, পবিত্ৰতা প্ৰভৃতি গুণৰ বাবে তেওঁ সকলোৰে ওচৰত সন্মানিতা। তেওঁ বিশ্বনাৰীকূলৰ কাৰণে অনুকৰণীয়া আদৰ্শ।  

            পুত্ৰ সন্তান- (১)কাশিম ইবনে মহম্মদৰ জন্ম ৬০১ চনত জন্মৰ তিন দিন পাছত মৃত্যু।

                              (২)আব্দুল্লাহ ইবনে মহম্মদৰ জন্ম  ৬১৫ চনত শৈশৱত মৃত্যু।

                                          কন্যাসন্তান

            ফাতিমা (ৰাঃ)- ফাতিমা(ৰাঃ)ৰ জন্ম ৬০৫ চনত মক্কা নগৰীত মতান্তৰে ৬১০ বা ৬১১ খ্ৰীষ্টাব্দত জন্ম হোৱা বুলি কেতিয়াবা কোৱা হয়। সম্ভৱতঃ বদৰৰ যুদ্ধৰ পাছত হজৰত আলী (ৰাঃ)ৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত হজৰত আলী আৰু ফাতিমা ঘোবাৰ এখন সৰু গাঁওলৈ গুচি গৈছিল যদিও পাছলৈ তেওঁলোক পুনৰ মদীনালৈ উভতি আহি মহম্মদ(ছাঃ)ৰ কাষতে থাকিবলৈ লৈছিল ফাতিমা(ৰাঃ)ৰ কষ্ট হব বুলি মহম্মদ(ছাঃ)এ হজৰত আলীক অতিৰিক্ত পত্নী গ্ৰহণ নকৰিবলৈ মৃদুভাৱে পৰামৰ্শ দিছিল  পিতৃৰ মৃত্যুৰ ছমাহৰ পাছত ৬৩২ খ্ৰীষ্টাব্দত ফাতিমা(ৰাঃ)ৰ এন্তেকাল হয়। এন্তেকালৰ পাছত তেওঁক মদিনাৰ আল বাকি কৱৰস্থানত সমাধিস্থ কৰা হৈছিল। মহম্মদ(ছাঃ)ৰ জীয়াই থকা বংশধৰ সকলৰ ভিতৰত আছিল ফাতিমাৰ সন্তান হাছান আৰু হুছেইন

            জয়নাব(ৰাঃ)- জয়নাব(ৰাঃ)ৰ জন্ম ৫৯৯ চনত মক্কা নগৰীত  নবী(ছাঃ) মদিনালৈ হিজৰত কৰাৰ পূৰ্বে কম বয়সতে তেওঁ পেহাকৰ পুতেক আবু আল-আছ বিন ৰাবেৰ লগত পৰিণয় সূত্ৰে আৱদ্ধ হৈছিল। স্বামীয়ে ইছলাম গ্ৰহণ নকৰাৰ ফলত তেওঁ স্বামীৰ সংগ ত্যাগ কৰি মদিনালৈ আহি মহম্মদ(ছাঃ)ৰ লগত বসবাস কৰিছিল। অৱশ্যে তেওঁৰ মৃত্যুৰ পূৰ্বে ৬২৯ চনত স্বামীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ফলত মহম্মদ(ছাঃ)এ তেওঁক পুনৰ আবু আল আছৰ লগত বিয়া দিছিল। কিন্তু দ্বিতীয়বাৰ বিবাহৰ পাছত তেওঁ বেছিদিন জীয়াই নাথাকিল। কাৰণ মদিনালৈ হিজৰত কৰাৰ সময়ত আততায়ীৰ আক্ৰমণৰ ফলত উটৰ পিঠিৰ পৰা পৰি গৈ তেওঁৰ গৰ্ভপাত হৈছিল আৰু তেওঁৰ স্বাস্থ্য ভাঙি গৈছিল। হিজৰী আঠ চনত তেওঁ এন্তেকাল কৰে। নবী(ছাঃ)এ তেওঁৰ জানাজাৰ নামাজৰ ইমামতি কৰিছিল। তেওঁৰ গৰ্ভৰ পৰা পুত্ৰসন্তান আলী আৰু কন্যাসন্তান আমামাৰ জন্ম হৈছিল।

            ৰুকায়াহ(ৰাঃ)- ৰুকায়াহ(ৰাঃ)ৰ জন্ম ৬০১ চনত মক্কা নগৰীত। প্ৰথমে তেওঁ উৎবাহ ইবনে আবি লাহাবৰ লগত পৰিণয় সূত্ৰে আৱদ্ধ হৈছিল যদিও পাছত উৎবাহৰ লগত তেওঁৰ বিবাহ বিচ্ছেদ হয় বিবাহ বিচ্ছেদৰ পাছত তেওঁ উছমান(ৰাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত তেওঁলোক বেছিদিন মক্কাত বসবাস কৰিব পৰা নাছিল। উছমান(ৰাঃ)ৰ আত্মীয়-স্বজনৰ নিৰ্যাতনত অতিষ্ঠা হৈ তেওঁ নবী(ছাঃ)ৰ হুকুম মৰ্মে আবিচিনিয়ালৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোক নৌকাযোগে আদ্দিস আবাবলৈ গৈছিল। কিছুদিন আবিচিনিয়াত অৱস্থান কৰাৰ পাছত তেওঁলোকে পুনৰ মক্কালৈ উভতি আহিছিল। মক্কাৰ পৰা নবী(ছাঃ)ৰ নিৰ্দেশমৰ্মে তেওঁলোক মদিনালৈ প্ৰব্ৰজন কৰে। মদিনালৈ অহাৰ পাছত বসন্ত ৰোগত আক্ৰান্ত হৈ তেওঁ ৬২৪ চনত চনত ২৩ বছৰ বয়সত এন্তেকাল কৰে। তেওঁক মদিনাৰ জান্নাত আল বাকিত সমাধিস্থ কৰা হৈছিল। ৰুকায়াৰ এন্তেকালৰ সময়ত নবী(ছাঃ)বদৰৰ যুদ্ধলৈ গৈছিল। আবিচিনিয়াত অৱ্স্থানৰ সময়ত ৰুকায়াহ(ৰাঃ)ই আবদুল্লাহ নামৰ এটি পুত্ৰ সন্তান জন্ম দিছিল। আবদুল্লাহ শৈশৱতে মদিনাত এন্তেকাল কৰিছিল।

            উম্মে কুলছুম (ৰাঃ)-  উন্মে কুছুমৰ জন্ম ৬০৩ চনত মক্কা নগৰীত। (৬০৩৬৩০)। প্ৰথমে উতায়বাহ বিন আবি লাহাবৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল যদিও মহম্মদ(ছাঃ)ৰ নবীত্ব প্ৰাপ্তিৰ পাছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। ভগ্নী ৰুকায়াহৰ মৃত্যুৰ পিছত তেওঁ উছমান(ৰাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ ছয় বছৰ পাছত ৬৩০ চনত তেওঁৰ মৃত্যু হয়। নবী(ছাঃ)এ তেওঁৰ জানাজাৰ নামাজৰ ইমামিত কৰিছিল। তেওঁক মদিনাৰ জান্নাত আল বাকিত সমাধিস্থ কৰা হৈছিল। তেওঁ নিঃসন্তান আছিল।

                                    

                                      সওদা(ৰাঃ)

            সওদাৰ জন্ম প্ৰাক-ইছলামিক আৰবৰ মক্কা নগৰীত। তেওঁৰ কেতিয়া জন্ম হৈছিল সেই সম্পৰ্কে মতানৈক্য আছে। এটা সূত্ৰৰ মতে, তেওঁ যেতিয়া মহম্মদ(ছাঃ)ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ আন সূত্ৰই দাবী কৰে যে, নবী(ছাঃ)ৰ লগত বিয়াৰ সময়ত তেওঁৰ বয়স আছিল ৪০ৰ পৰা ৫৫ বছৰ সেই হিচাপে তেওঁৰ জন্ম ৫৬৬ চন বা ৫৮০ চনত হৈছিল বুলি অনুমান কৰা হয় তেওঁৰ পিতৃ যাময়া ইবনে কায়ছ মক্কাৰ কোৰেইশ গোত্ৰৰ বানু আমৰ ইবনে লুমি বংশৰ লোক আছিল। তেওঁৰ মাতৃ আল-ছামুস বিন্তে কায়স। তেওঁ মদীনাৰ বানু নাজ্জাৰ বংশৰ মহিলা আছিল। সেয়ে সওদাৰ ধমনীত আৰৱৰ দুটি বিখ্যাত গোত্ৰৰ তেজ প্ৰবাহিত আছিল। সওদা দীৰ্ঘাঙ্গিনী আৰু সুন্দৰী আছিল। যৌৱনকালত তেওঁ তেওঁৰ খুড়াকৰ পুতেক সাকৰান বিন আমৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। সাকৰান আদিম ইছলাম ধৰ্ম গ্ৰহণ কৰাসকলৰ অন্যতম আছিল। তেওঁলোকৰ আব্দুৰ ৰহমান ইবনে সাকৰান আৰু আব্দু ইবনে সাকৰান নামৰ দুজন পুত্ৰসন্তান জন্ম হৈছিল। ওমৰ (ৰাঃ)ৰ শাসনকালত ৬৩৭ চনত ছাছানিদসকলৰ বিৰুদ্ধে সংঘটিত জালুলাৰ যুদ্ধত আব্দুৰ ৰহমানৰ মৃত্যু হৈছিল সাওদাহ(ৰাঃ)ৰ ইছলামৰ অভ্যুত্থানৰ পূৰ্বৰ প্ৰাথমিক জীৱনৰ বিষয়ে বিশেষ একো জনা নাযায়।

                আবিচিনিয়ালৈ প্ৰব্ৰজন- কাফেৰসকলৰ ঠাট্টা-বিদ্ৰূপ আৰু নিৰ্যাতনৰ সীমা অতিক্ৰম কৰাত সিহঁতৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ মহম্মদ(ছাঃ)এ বহু মুছলমানক প্ৰব্ৰজন কৰিবলৈ নিৰ্দেশ দিছিল। ফলত সাওদা আৰু সাকৰানে আবিচিনিয়ালৈ প্ৰব্ৰজন কৰিছিল। ছাক্ৰানে ৱাক্কাছৰ সৈতে সাগৰীয় পথেৰে ৰাওনা হৈ আবিচিনিয়াত আশ্ৰয়গ্ৰহণ কৰিছিল। আল্লাহৰ পথত আবিচিনিয়ালৈ প্ৰব্ৰজন কৰা প্ৰথম মহিলাসকলৰ ভিতৰত সাওদা(ৰাঃ) অন্যতম আছিল কেইবছৰমানৰ পাছত তেওঁলোক পুনৰ মক্কালৈ উভতি আহে। সাকৰানৰ মৃত্যুৰ ফলত তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে বিধৱা হয়।স্বামীৰ এন্তেকালৰ পূৰ্বে সাওদাই সপোন দেখিছিল যে, তেওঁ শুই আছে আৰু আকাশৰ পৰা চন্দ্ৰ বিচ্যুত হৈ তেওঁৰ ওপৰত পৰিল। স্বামী সাকৰানৰ ওচৰত সপোনৰ কথা বিবৃত কৰিলে তেওঁ কয় যে, তেওঁৰ মৃত্যু হলে  আৰৱৰ চন্দ্ৰস্বৰূপ মহম্মদ(ছাঃ)ৰ লগত তেওঁৰ শাদি মোবাৰক অনুষ্ঠিত হব। তেওঁৰ এই সপোন পৰৱৰ্তী কালত বাস্তৱায়িত হয়।

                খাদিজা(ৰাঃ)ৰ এন্তেকালৰ পাছত নবী(ছাঃ)এ স্বয়ং পাৰিবাৰিক দায়িত্ব পালন কৰিব লগা হৈছিল। সন্তানসকলৰ লালন-পালনৰ কাৰণে খাদিজা(ৰাঃ)ই যি সময় ব্যয় কৰিছিল নবী(ছাঃ)এ সেই দায়িত্ব তেতিয়া নিজে পালন কৰিব লগা হৈছিল। ফলত নবী(ছাঃ)ৰ স্বাভাৱিকতে ইছলামৰ দাওয়াত ও তাবলীগৰ গুৰু দায়িত্ব পালনত ব্যাঘাত জন্মিছিল। যাৰ বাবে নবী(ছাঃ)খুবেই বিব্ৰতকৰ অৱস্থাত পতিত হৈছিল।

            এনেকুৱা অৱস্থাত এদিন নবী(ছাঃ)ৰ অন্যতম চাহাবিয়া খাওলা বিন্তে হাকিম তেওঁৰ ওচৰলৈ আহি কলে- হে আল্লাহৰ ৰাছুল(ছাঃ), মই আপোনাক সকলো সময়তে চিন্তিত থকা দেখা পাওঁ।

            তেতিয়া নবী(ছাঃ)এ কলে- খাদিজা(ৰাঃ) জীয়াই থকা অৱস্থাত তেৱেঁ সন্তানসকলক লালন-পালন কৰিছিল আৰু তেওঁলোকক শিক্ষা-দীক্ষাও দিছিল। তেওঁৰ এন্তেকালৰ পাছত এতিয়া ময়ে সেইবোৰ দায়িত্ব পালন কৰিব লগা হৈছে

            খাওলাই কলে- হে আল্লাৰ ৰাছুল(ছাঃ), আপোনাৰ এজনী উত্তম জীৱন সংগিনীৰ প্ৰয়োজন হৈছে। এইদৰে কোৱাৰ পাছত তাই সাওদাহৰ নাম প্ৰস্তাৱ কৰিলে। তেতিয়া নবী(ছাঃ)এ তেওঁৰ সেই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিলে।

            খাওলা(ৰাঃ)ই তেতিয়া সাওদাহ(ৰাঃ)ৰ পিতৃ্ যাময়া(ৰাঃ)ৰ ওচৰত এই ঐতিহাসিক প্ৰস্তাৱ পেচ কৰিলে।যাময়াই কন্যাৰ সন্মতি সাপেক্ষে বিবাহৰ আয়োজন কৰিলে। নবী (ছাঃ) যাময়াৰ গৃহলৈ আহি চাৰিশ দিৰহাম মোহৰানা ধাৰ্য কৰি সাওদা(ৰাঃ)ক স্ত্ৰী হিচাপে গ্ৰহণ কৰিলে।

                কথিত আছে যে, সাওদা(ৰাঃ)ৰ ভ্ৰাতৃ আব্দুল্লাহ বিন যাময়াই তেতিয়াও ইছলাম গ্ৰহণ কৰা নাছিল। ফলত সি এই বিবাহত আপত্তি কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত আব্দুল্লাহই ইছলাম কবুল কৰাৰ পাছত এই বিষয়ে অনুতাপ কৰিছিল।

            মহম্মদ(ছাঃ)এ তেওঁৰ নবীত্ব প্ৰাপ্তিৰ দশম বছৰৰ ৰমজান মাহত সাওদা(ৰাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হৈছিল সাওদাই প্ৰথমতে এই বিয়া মানি লবলৈ দ্বিধাবোধ কৰিছিল, কিয়নো তাইৰ ইতিমধ্যে ছটা সন্তান আছিল আৰু তেওঁলোকে মহম্মদ(ছাঃ)ক অশান্তি দিব বুলি ভয় কৰিছিল। কিন্তু মহম্মদ(ছাঃ)এ তাইক পতিয়ন নিয়াই কৈছিল, “উটৰ পিঠিত উঠি ফুৰা কোৰেইশৰ গুণী শ্ৰেষ্ঠ নাৰীসকল যিদৰে সৰু লৰা-ছোৱালীৰ প্ৰতি মৰমিয়াল তেনেকৈ তেওঁলোক স্বামীৰ সেৱা-যত্নৰ ক্ষেত্ৰতো আটাইতকৈ উৎকৃষ্ট।

            অভাৱ-অনাটন, বেদনা, উপেক্ষা আৰু অনাদৰত কাটিছিল সাওদা(ৰাঃ)ৰ সৰহভাগ জীৱন।  যাৰ ফলত তেওঁ দীন দুঃখী আৰু অভাৱগ্ৰস্তসকলৰ প্ৰতি সহানুভূতিশীল আছিল। তেওঁ অতিথিপৰায়ণতা আৰু দানশীলতাৰ কাৰণেও স্মৰণীয় হৈ আছে। তেওঁ ধন-সম্পত্তিৰ প্ৰতি একেবাৰেই অনাসক্ত আছিল। গৰীৱ-দুঃখী আৰু অনাথসকলৰ মাজত সম্পদ বিলাই দি তেওঁ তৃপ্তি লাভ কৰিছিল।

            হজৰত মহম্মদ(ছাঃ) উদাৰতা ও দাশীলতাৰ মূৰ্তপ্ৰতীক আছিল। তেওঁ মুক্তহস্তে দান কৰিছিল আৰু সকলোৰে প্ৰতি ক্ষমাৰ দৃষ্টিত চাইছিল। নবী(ছাঃ)ৰ একান্ত সান্নিধ্যৰ ফলত সাওদা(ৰাঃ)ৰ মাজতো সেই গুণৰ প্ৰতিফলন ঘটিছিল। তেতিয়া তেৱেঁই আছিল নবী(ছাঃ)ৰ একান্ত আপোনজন, জীৱন সংগীনি ও শান্তিদায়িনী। হজৰত আয়েসা(ৰাঃ)ৰ লগত যদিও তেতিয়া নবী(ছাঃ)ৰ বিয়া হৈছিল, কিন্তু আয়েসা(ৰাঃ)তেতিয়াও নাবালিকা আছিল। কবলৈ গলে আয়েসাৰ তেতিয়া সংসাৰ সম্পৰ্কে কোনো অভিজ্ঞতাই হোৱা নাছিল। তেতিয়া হজৰত সাওদা(ৰাঃ)ই আছিল সংসাৰৰ একমাত্ৰ পৰিচালিকা।

            এই সময়ত মক্কাৰ শত্ৰুকূল নবী(ছাঃ)ৰ প্ৰতি খুবেই নিষ্ঠুৰ আচৰণ কৰিছিল। হজৰত সাওদা সেইবোৰ মৰ্মে মৰমে উপলব্ধি কৰিছিল আৰু সেৱা-যত্নৰ জৰিয়তে স্বামীৰ সেইবোৰ দুঃখ-কষ্ট মোচনৰ কাৰণে সৰ্বদা যত্নবান আছিল। আনুগত্য আৰু নিৰ্দেশ পালনৰ ক্ষেত্ৰত তেওঁৰ বিশেষ গুণ আছিল। যাৰ ফলত তেওঁ নবী(ছাঃ)ৰ স্ত্ৰীসকলৰ মাজত শ্ৰেষ্ঠস্থানীয়া আছিল। তেওঁ নবী(ছাঃ)ৰ সন্তুষ্টি প্ৰদান আৰু বেদনা লাঘৱৰ কাৰণে সদা তৎপৰ আছিল। তেওঁ কোনো অৰ্থ সঞ্চয় কৰা নাছিল। এবাৰ ওমৰ (ৰাঃ)ই তেওঁৰ খেলাফত কালত সাওদা(ৰাঃ)লৈ এক থৈলা দিৰহাম পঠিয়াই দিছিল। সাওদা(ৰাঃ)ই সেইবোৰ দেখি অবাক হৈ সুধিছিল- থৈলাত কি আছে?

            থৈলা কঢ়িয়াই অনা ব্যক্তিগৰাকীয়ে তেতিয়া কৈছিল- দিৰহাম আছে।

            তেতিয়া সাওদা(ৰাঃ)ই কৈছিল-এয়া থৈলাৰ মাজত খেজুৰৰ দৰে। গতিকে এইবোৰ দুখীয়াসকলৰ মাজত বিতৰণ কৰা হওঁক।

            সাওদা(ৰাঃ)ই নিজৰ আৰাম-আয়েসক কোৰবানি কৰি বেলেগৰ জীৱন সুখী আৰু সুন্দৰ কৰাৰ কাৰণে যত্ন কৰিছিল। নবী(ছাঃ)এ তেওঁৰ কাৰণে যিবোৰ দিন নিৰ্দিষ্ট কৰি দিছিল, সেয়া তেওঁ আয়েসা(ৰাঃ)ক দান কৰিছিল। এই কোৰাবানিৰ ফলত আয়েসা(ৰাঃ) খুবেই অভিভূত হৈছিল। সাওদা(ৰাঃ)ৰ নৈতিক ও চাৰিত্ৰিক পবিত্ৰতা আছিল অতুলনীয়। ইয়াৰ বাবে আয়েসা(ৰাঃ)ই আফচোচ কৰি কৈছিল, মোৰ ৰূহ যদি সওদা(ৰাঃ)ৰ দেহত স্থাপন কৰিলেহেঁতেন!

            সাওদা(ৰাঃ) খুবেই বুদ্ধিমতী আছিল আৰু খুব গুৰুত্বপূৰ্ণ কথাও ৰসালভাবে কব পাৰিছিল। কোনোবা এদিন নিশা তেওঁ নবী(ৰাঃ)ৰ লগত নামাজ পঢ়িছিল। নামাজৰ সময়ত আল্লাহৰ সন্তুষ্টিৰ কাৰণে নবী(ছাঃ) দীৰ্ঘসময় সিজদাহ ৰত আছিল। ইয়াৰ ফলত সম্ভৱতঃ সাওদা(ৰাঃ)ৰ কষ্ট হৈছিল। দোকমোকালি সাওদা(ৰাঃ)ই নবী(ছাঃ)ক কৈছিল- ইয়া ৰাছুল্লাহ, ৰাতি আপুনি দীৰ্ঘসময় সিজদাহ ৰত আছিল, তেতিয়া মোৰ ধাৰণা হৈছিল যেন মোৰ নাক ফাটি যাব। কথাষাৰ শুনি নবী(ছাঃ)এ মৃদুভাবে হাঁহিছিল।

            সাওদা(ৰাঃ)ই দশম হিজৰীত নবী(ছাঃ)ৰ লগত হজ্বব্ৰত পালন কৰিছিল। তেওঁ লম্বা আৰু স্থূল হোৱাৰ কাৰণে দ্ৰুত খোজ কাঢ়িবলৈ অক্ষম আছিল। সেয়ে ভিৰৰ মাজত খোজ কাঢ়িবলৈ যাতে তেওঁৰ অসুবিধা নহয়, তাৰবাবে নবী(ছাঃ)এ হজ্বযাত্ৰীসকল ৰওয়ানা হোৱাৰ পূৰ্বেই তেওঁক মক্কালৈ পঠিয়াই দিছিল। এই হজ্বৰ পাছতেই নবী(ছাঃ)এ তেওঁৰ সহধৰ্মিনীসকলক কৈছিল- এতিয়াৰ পৰা তোমালোকে গৃহত বহি থাকিব লাগিব। নবী(ছাঃ)এ এই কথাৰ দ্বাৰা সম্ভৱতঃ এই ইঙ্গিত দিছিল যে, পবিত্ৰা স্ত্ৰীবৃন্দই ভৱিষ্যতে নবী(ছাঃ)ৰ লগত আৰু হজ্বযাত্ৰা কৰাৰ সুযোগ নাপাব। সওদা(ৰাঃ)আৰু যয়নব বিন্তে জাহাস খুব গুৰুত্ব সহকাৰে নবী(ছাঃ)ৰ এই উপদেশ পালন কৰিছিল। মৃত্যুৰ আগলৈকে তেওঁ গৃহৰ পৰা বাহিৰ হোৱা নাছিল। তেওঁ কৈছিল- মই হজ্ব আৰু ওমৰাহ কৰিছোঁ। এতিয়া আৰু গৃহৰ পৰা বাহিৰ নহওঁ

                হজৰত মহম্মদ(ছাঃ)ৰ এন্তেকালৰ পাছত আন পত্নীসকলৰ সৈতে সাওদা(ৰাঃ)ই খিলাফতৰ পৰা বছৰি ধন উপহাৰ হিচাপে লাভ কৰিছিল সেই ধন তেওঁ দান-বৰঙণিৰ বাবে ব্যয় কৰিছিল। আয়েসা(ৰাঃ), হাফছা(ৰাঃ) আৰু সুফিয়া(ৰাঃ)ৰ লগত তেওঁ সদায় অতি ঘনিষ্ঠ হৈ থাকিছিল তেখেতে দীৰ্ঘদিন জীয়াই আছিল আৰু হিজৰী ৫৪ চনত ৮১ বছৰ বয়সত মদীনাত মৃত্যুবৰণ কৰিছিল। সাওদা(ৰাঃ)ক মদীনাৰ জান্নাত-আল-বাকীত সমাধিস্থ কৰা হয়। ইবনে ছাদে তেওঁৰ মৃত্যুৰ তাৰিখ ৬৭৪ চন আছিল বুলি উল্লেখ কৰে

                                

                                       আয়েসা(ৰাঃ)

            আয়েসা(ৰাঃ)ৰ জন্ম ৬১৩ বা ৬১৪ চনত আৰৱৰ মক্কা নগৰীত। তেওঁৰ পিতৃৰ নাম আবু বক্কৰ(ৰাঃ) আৰু মাতৃৰ নাম উম্মে ৰুমান(ৰাঃ)। আবু বক্কৰ কোৰেইশ বংশৰ তমিয়ে গোত্ৰৰ লোক আছিল।তেওঁৰ প্ৰাৰম্ভিক জীৱনৰ বিষয়ে খুব কমেই জনা যায়। মহম্মদ(ছাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত তেওঁৰ বয়স  ৬ বা ৭ বছৰ আছিল আৰু ৯ বছৰ বয়সত তেওঁ স্বামীগৃহলৈ আহিছিল। মহম্মদ(ছাঃ)ৰ জীৱনকাল আৰু এন্তেকালৰ পাছত ইছলামিক ইতিহাসত আয়েসা(ৰাঃ)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। চুন্নী পৰম্পৰা অনুসৰি আয়েসা(ৰাঃ) পণ্ডিত, বুদ্ধিমান আৰু অনুসন্ধিৎসু আছিল মহম্মদ(ছাঃ)ৰ বাৰ্তা প্ৰচাৰত তেওঁ গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল আৰু তেওঁৰ এন্তেকালৰ পাছত ৪৪ বছৰ ধৰি ইছলামৰ সেৱা কৰিছিল। তেখেতে ২,২১০ টা হাদীছ, কেৱল মহম্মদ(ছাঃ)ৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত বিষয়তে নহয়, উত্তৰাধিকাৰ, হজ্বযাত্ৰা আৰু জ্ঞান-বিজ্ঞানৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় বৰ্ণনা কৰাৰ বাবেও পৰিচিত আছিলকবিতা আৰু চিকিৎসা বিজ্ঞানকে ধৰি বিভিন্ন বিষয়ত তেওঁৰ বুদ্ধিমত্তা আৰু জ্ঞান-গৰিমাক আল-জুহৰী আৰু তেওঁৰ ছাত্ৰ উৰৱা ইবনে আল-জুবাইৰৰ দৰে আদিম পণ্ডিত আৰু বুদ্ধিজীৱীসকলে অতিশয় প্ৰশংসা কৰিছিল।

            আয়েসা(ৰাঃ)ৰ পিতৃ আবু বক্কৰ(ৰাঃ)ই মহম্মদ(ছাঃ)ৰ উত্তৰাধিকাৰসূত্ৰে ৬৩২ চনত প্ৰথম খলিফা হিচাপে অধিষ্ঠিত হৈছিল। দুবছৰৰ পাছত অৰ্থাৎ ৬৩৪ চনত তেওঁৰ এন্তেকালৰ পাছত তেওঁৰ উত্তৰাধিকাৰী হিচাপে ওমৰ(ৰাঃ) ৬৩৪ চনত দ্বিতীয় খলিফা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ওমৰ(ৰাঃ)আততায়ীৰ ছুৰিকাঘাতত শয্যাশায়ী হৈ থকা অৱস্থাত ৬৪৪ চনত এন্তেকালৰ পাছত ভোটাভোটিৰ মাধ্যমত ওছমান গণি(ৰাঃ) তৃতীয় খলিফা হিচাপে নিৰ্বাচিত হয়। সম্পূৰ্ণ ভোটাভোটিৰ মাধ্যমত গণতান্ত্ৰিক পদ্ধতিত ওছমান (ৰাঃ) খলিফা হিচাপে নিৰ্বাচিত হৈছিল যদিও তেখেতৰ খিলাফত বিতৰ্কমুক্ত নাছিল। তেওঁৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে সৰ্বপ্ৰথম মুছলমানসকলৰ মাজত বিৰোধ, দ্বন্দ্ব আৰু সংঘাত আৰম্ভ হৈছিল। এই বিতৰ্কৰ মূল কাৰণ আছিল উমাইয়া গোত্ৰৰ বংশধৰ হজৰত ওছমান (ৰাঃ) খিলাফতৰ বাবে নিৰ্বাচিত হোৱা কাৰ্য হাশেমী গোত্ৰৰ বংশধৰ হজৰত আলী(ৰাঃ)ৰ কিছুমান উগ্ৰ সমৰ্থকে সহ্য কৰিব কৰিব পৰা নাছিল। আচলতে কোৰেইশ বংশৰ উমাইয়া গোত্ৰ আৰু হাশেমী গোত্ৰৰ মাজত শত্ৰুতা আৰু বিৰোধিতা বহুদিন আগৰ পৰাই চলি আছিল। ওচমান(ৰাঃ) খলিফা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত উভয় দলৰ মাজত পুৰণি বিবাদ উক্ দি উঠিছিল। এই ক্ষেত্ৰত আয়েসা(ৰাঃ)ই মুখ্য ভূমিকা পালন কৰিছিল

            অৱশ্যে  ৬৫৬ চনৰ ১৭ জুনত ৮২ বছৰীয়া বৃদ্ধ  ওছমান (ৰাঃ)ক হত্যাৰ পাছত আয়েসা(ৰাঃ)ই ওছমান(ৰাঃ)ৰ হত্যাৰ বাবে দায়ীসকলৰ বিৰোধিতা কৰিছিল। হজৰত আলী(ৰাঃ)ৰ উগ্ৰ সমৰ্থকসকলে ওছমান(ৰাঃ)হত্যাৰ বাবে দায়ী আছিল কাৰণে হজৰত আলী (ৰাঃ) ক খলিফা হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি আল-জুবাইৰ ইবনে আল-আৱাম আৰু তালহা ইবনে উবৈদ আল্লাহই বিৰোধিতা কৰিছিল। তেতিয়া আয়েসা(ৰাঃ)ই আল-জুবাইৰ আৰু তালহাৰ দলত যোগদান কৰি সৈন্যৰ নেতৃত্ব দি যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু উটৰ পিঠিত উঠি ভাষণ দিছিল। এই যুদ্ধত তেওঁ পৰাস্ত হৈছিল যদিও যুদ্ধত অংশগ্ৰহণ আৰু যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা দৃঢ়তাই তেওঁৰ জীৱনত স্থায়ী প্ৰভাৱ পেলাইছিল। যুদ্ধত পৰাস্ত হোৱাৰ পাছত তেওঁ অৱসৰ গ্ৰহণ কৰি মদিনাত বসবাস কৰিছিল। অৱশ্যে শেষত হজৰত আলী(ৰাঃ)ৰ লগত মতানৈক্য আঁতৰ হৈছিল আৰু হজৰত আলী(ৰাঃ)ৰ শাসনকালত তেওঁ কোনো ধৰণৰ বিৰোধিতা কৰা নাছিল। এই যুদ্ধত জড়িত হোৱাৰ বাবেই ছিয়া মুছলমানসকলে আয়েসা(ৰাঃ)ৰ প্ৰতি সাধাৰণতে নেতিবাচক দৃষ্টিভংগী পোষণ কৰে

                হজৰত মহম্মদ(ছাঃ)ৰ প্ৰথমা পত্নী খাদিজা(ৰাঃ) বিন্তে খুৱাইলিদৰ মৃত্যুৰ পাছত খাওলা বিন্তে হাকিমে আয়েসা(ৰাঃ)ক মহম্মদ(ছাঃ)ৰ সৈতে বিবাহ দিয়াৰ প্ৰস্তাৱটো উত্থাপন কৰিছিল। আবু বক্কৰ(ৰাঃ)ই প্ৰথমতে "নিজৰ কন্যাক নিজৰ 'ভায়েক'ৰ লগত বিয়া দিয়াৰ যথাৰ্থতা, আনকি বৈধতাৰ বিষয়েও অনিশ্চিত আছিল " তেতিয়া মহম্মদ(ছাঃ)এ কৈছিল যে, তেওঁলোক পৰস্পৰে তেজৰ সম্পৰ্কিত ভায়েক নহয়, মাথোন ধৰ্মীয় সম্পৰ্কিত ভায়েক প্ৰাচ্যবিদ ডব্লিউ মণ্টগোমেৰী ৱাটে মত প্ৰকাশ কৰিছে যে, মহম্মদ(ছাঃ)এ আবু বক্কৰ(ৰাঃ)ৰ সৈতে নিজৰ সম্পৰ্ক শক্তিশালী কৰাৰ কাৰণে এই বিবাহৰ পোষকতা কৰিছিল তেতিয়াৰ আৰব সংস্কৃতিত সম্পৰ্ক শক্তিশালী কৰাৰ কাৰণে সাধাৰণতে বিবাহক ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

            বৰ্তমানৰ সকলো হাদীছত এই কথাত একমত যে, মহম্মদ(ছাঃ)ৰ সৈতে আয়েসা(ৰাঃ) মক্কাত বিবাহপাশত আবদ্ধ হৈছিল, যদিও মহম্মদ(ছাঃ)মদীনালৈ হিজৰত কৰি যোৱাৰ পাছতহে শ্বাৱাল মাহত(৬২৩ চনৰ এপ্ৰিল মাহত)  বিবাহ সমাপ্ত হৈছিল। অতীত যুগত এই শ্বাৱাল মাহত মহামাৰীৰ প্ৰাদুৰ্ভাব হৈছিল। যাৰ ফলত আৰৱসকলে এই মাহটোক অশুভ হিচাপে বিবেচনা কৰিছিল। এই ওলিমা অনুষ্ঠানৰ জৰিয়তে এই ভ্ৰান্ত ধাৰণাৰ মূলত কুঠাৰাঘাত কৰা হৈছিল।

      বিয়াৰ সময়ত বয়স - ইছলামিক উৎসসমূহে বিবাহৰ সময়ত আয়েসা(ৰাঃ)ৰ বয়স ছয় বা সাত বছৰ আৰু বিবাহ সম্পন্ন হোৱাৰ সময়ত ন বা দহ বছৰ আছিল বুলি তালিকাভুক্ত কৰিছে। ছহীহ আল-বুখাৰীৰ হাদীছত আয়েসা(ৰাঃ)ই ছয় বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ কথা উল্লেখ কৰিছে। ইবনে ছাদ(আবু আব্দুআল্লাহ মুহাম্মাদ ইবনে ছা'দ ইবনে মণি' আল-বছৰী আল-হাছিমী বা সংক্ষেপে ইবনে ছা'দ এগৰাকী পণ্ডিত আৰু আৰবীয় জীৱনীকাৰ আছিল ইবনে ছাদৰ জন্ম হৈছিল ৭৮৪/৭৮৫ খ্ৰীষ্টাব্দত (১৬৮ হিজৰী) আৰু মৃত্যু হৈছিল ৮৪৫ খ্ৰীষ্টাব্দৰ ১৬ ফেব্ৰুৱাৰীত (২৩০ হিজৰী)।)ৰ জীৱনী গ্ৰন্থত বিবাহৰ সময়ত আয়েসা(ৰাঃ)ৰ বয়স ছয়ৰ পৰা সাত বছৰৰ ভিতৰত আছিল বুলি উল্লেখ কৰিছে আৰু তেওঁৰ বিবাহকাৰ্য সম্পন্ন হোৱাৰ সময়ত ন বছৰ আছিল বুলি কোৱা হৈছে আনহাতে ইবনে হিছামৰ মহম্মদ(ছাঃ)ৰ জীৱনীত তেওঁৰ বিবাহকাৰ্য সম্পন্ন হোৱাৰ সময়ত দহ বছৰ হ'ব পাৰে বুলি উল্লেখ কৰা হৈছে।

            বেছিভাগ ইছলামিক পৰম্পৰাত খাদিজা(ৰাঃ) বিন্তে খুৱাইলিদক মহম্মদ(ছাঃ)ৰ আটাইতকৈ প্ৰিয় পত্নী হিচাপে বৰ্ণনা কৰা হৈছে; চুন্নী পৰম্পৰা অনুসৰি আয়েসা(ৰাঃ) খাদিজা(ৰাঃ)ৰ পাছতে দ্বিতীয় স্থানত আছে। এই বিশ্বাসক সমৰ্থন কৰা কেইবাটাও হাদীছ বা মহম্মদ(ছাঃ)ৰ কাহিনী বা বক্তব্য আছে। এজনে বৰ্ণনা কৰিছে যে, যেতিয়া এজন সংগীয়ে মহম্মদ(ছাঃ)ক সুধিছিল, "আপুনি পৃথিৱীত আটাইতকৈ ভালপোৱা ব্যক্তিজন কোন?" তেতিয়া তেওঁ উত্তৰ কৈছিল, "আয়েসা।" আন কিছুমানে কয় যে, মহম্মদ(ছাঃ)এ আয়েসা(ৰাঃ)ৰ গৃহটো এনেদৰে নিৰ্মাণ কৰিছিল যাতে তেওঁৰ দুৱাৰখন মেলিলেই পোনে পোনে মছজিদৰ ফালে খোল খায় তেৱেঁ আছিল একমাত্ৰ মহিলা যাৰ সৈতে মহম্মদ(ছাঃ)এ ওহী লাভ কৰিছিল আৰু তেওঁলোকে একে পানীতে গা ধুইছিল মহম্মদ(ছাঃ) আৰু আয়েসা(ৰাঃ)ৰ বৌদ্ধিক সম্পৰ্ক আছিল অতি শক্তিশালী। মহম্মদ(ছাঃ)এ আয়েসা(ৰাঃ)ৰ তীক্ষ্ণ স্মৃতিশক্তি আৰু বুদ্ধিমত্তাক মূল্য দিছিল আৰু সেয়েহে তেওঁৰ সংগীসকলক তেওঁলোকৰ কিছুমান ধৰ্মীয় পদ্ধতি আয়েসা(ৰাঃ)ৰ পৰা শিকি ল'বলৈ নিৰ্দেশ দিছিল।​

            নবী(ছাঃ)এ ৫২ বছৰ বয়সত আয়েসা(ৰাঃ)ক বিয়া কৰাইছিল। কিন্তু কিয়? এই প্ৰশ্নৰ উত্তৰত কব লাগিব যে, আয়েসা(ৰাঃ)ৰ আগতে দুগৰাকী নাৰীৰ লগত তেওঁ পৰিণয় সূত্ৰে আৱদ্ধ হৈছিল। দুগৰাকী নাৰীয়ে বিধৱা আছিল। এইটো সৰ্বজন স্বীকৃত যে, কম বয়সৰ মানুহৰ স্মৃতিশক্তি বয়সিয়াল মানুহতকৈ অধিক প্ৰখৰ আৰু তীক্ষ্ণ থাকে। নবী(ছাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হোৱাৰ সময়ত আয়েসা(ৰাঃ) কিশোৰী আছিল। তেতিয়া তেওঁৰ বয়স আছিল নয় বা দহ বছৰ। এই বয়সৰ পৰাই তেওঁ নবী(ছাঃ)ৰ এন্তেকাললৈকে দীৰ্ঘ বাৰ বছৰ তেওঁৰ সান্নিধ্যত আছিল। এই সময়ত তেওঁ অজস্ৰ হাদীছ মুখস্থ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দুহেজাৰতকৈ অধিক হাদীছ বৰ্ণনা কৰিছিল। মোবাৰক কৰীম জওহৰৰ মতে ২২১০ টা আৰু শিবলী মুমানীৰ মতে ২৪১০ টা হাদীছ বৰ্ণনা কৰিছিল। একমাত্ৰ কম বয়সীয়া হোৱাৰ কাৰণেই এয়া সম্ভৱ হৈছিল।

            আল্লাহৰ বাণী সংৰক্ষণ কৰাৰ মালিক আল্লাহ স্বয়ং। নবী(ছাঃ)আছিল মহান আল্লাহৰ প্ৰিয় হাবীব(বন্ধু)। হাবীবৰ বাণী তথা ছুন্নাহ সংৰক্ষণ কৰাৰ ব্যৱস্থা স্বয়ং আল্লাহই কৰিছিল। ইছলামৰ প্ৰয়োজনৰ কাৰণেই আল্লাহই জাগতিক প্ৰক্ৰিয়াত নবী(ছাঃ)ৰ লগত হজৰত আয়েসা(ৰাঃ)ক পৰিণয়সূত্ৰ আৱদ্ধ কৰি আয়েসা(ৰাঃ)দৰে এগৰাকী প্ৰখৰ স্মৃতিশক্তিসম্পন্না নাৰীক নবী(ছাঃ)ৰ সান্নিধ্যলৈ অনাটো প্ৰয়োজন আছিল।

            পাশ্চ্যাত্য সমালোচকসকলৰ যিসকলে এই বিয়াৰ সমালোচনা কৰে, তেওঁলোকে এই বিয়াৰ অন্তৰ্নিহিত বিষয়টো উপলব্ধি কৰিবলৈ ব্যৰ্থ হৈছে। বিয়াৰ অন্তৰালতl লুক্কায়িত কাৰণসমূহ বিশ্লেষণ কৰিলে এই বিয়াৰ যথাৰ্থতা উপলব্ধি কৰিব পৰা যায়। হজৰত আবু বক্কৰ(ৰাঃ)ইছলামৰ কাৰণে যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছে, এই বিয়াৰ জৰিয়তে তেওঁক সেই কষ্ট আৰু ত্যাগৰ প্ৰাপ্য সন্মান আৰু মৰ্যদা দিয়া হৈছে।

            নবী(ছাঃ)ৰ সহধৰ্মিনীসকলৰ মাজত একমাত্ৰ আয়েসা(ৰাঃ)ই আছিল তৰুণী তথা কম বয়সৰ। ফলত তেওঁৰ ওচৰলৈ তৰুণী আৰু কম বয়সৰ মহিলাসকল আহিবলৈ দ্বিধাবোধ কৰা নাছিল। তেওঁলোকে আয়েসা(ৰাঃ)ৰ লগত নাৰীজনিত সমস্যা, পাৰিবাৰিক, সামাজিক আৰু ধৰ্মীয় যিকোনো সমস্যা খোলামেলাভাবে আলোচনা কৰিব পাৰিছিল। বয়স্ক মহিলাৰ লগত সেয়া খোলামেলাভাবে আলোচনা কৰা সম্ভৱ নহলহেঁতেন।

                এই বিয়াৰ মাধ্যমত প্ৰচলিত এটি ধাৰণা ভাঙি দিয়া হৈছিল। এই বিয়াৰ আগতে ধাৰণা প্ৰচলিত আছিল যে, কোনেও বন্ধু বা ভায়েক বুলি পৰিচয় দিয়া ব্যক্তিৰ ছোৱালীক বিয়া কৰাব নোৱাৰিব। নবী(ছাঃ)এ এই বিয়াৰ মাধ্যমত প্ৰমাণ কৰিছিল যে, ধৰ্মীয় ভায়েক নহয়, তেজৰ সম্পৰ্ক থকা ভায়েকৰ ছোৱালী অৰ্থাৎ ভ্ৰাতৃষ্পুত্ৰীক বিয়া কৰোৱাটোহে নিষিদ্ধ।

            জ্ঞানৰ বিশালতা, প্ৰখৰ বুদ্ধিমত্তা, চৰিত্ৰৰ মাধুৰ্যতা আৰু দৃঢ়তাৰ কাৰণে আয়েসা(ৰাঃ)ই ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁ আছিল জ্ঞানৰ সুউচ্চ পাহাৰ,বুদ্ধিমত্তাৰ মধ্যাহ্ন সুৰ্য। জ্ঞান আহৰণৰ কাৰণে নাৰী-পুৰুষ, যুৱক-বৃদ্ধ সকলো শ্ৰেণীৰ মানুহ তেওঁৰ ওচৰলৈ আহিছিল।

            মাথোন ন বছৰ বয়সত পৰিণয়সূত্ৰে আৱদ্ধ হৈ আয়েসা(ৰাঃ) নবী(ছাঃ)ৰ সান্নিধ্যলৈ আহিছিল আৰু ওঠৰ বছৰ বয়সলৈকে তেওঁ ওহীৰ জ্ঞান, নতুন মানুহ, নতুন সমাজ আৰু নতুন ৰাষ্ট্ৰৰ চেতনা লাভ কৰিছিল। অসাধাৰণ ধী-শক্তি গভীৰ মনযোগৰ কাৰণে তেওঁ অতি কম সময়ৰ ভিতৰতে কোৰআন, হাদীছ আৰু নবী(ছাঃ)ৰ বিপ্লৱ সম্পৰ্কে ব্যাপক জ্ঞানাৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰখ্যাত চাহাবা ওমৰ(ৰাঃ), হজৰত আলী(ৰাঃ) আৰু আবদুল্লাহ ইবনে আব্বাছৰ সমপৰ্যায়ৰ জ্ঞানী আছিল।

            ইছলামী শৰিয়াহ, আহকাম আৰু আকীদা সম্পৰ্কে আয়েসা(ৰাঃ)ৰ খুব সূক্ষ্ম জ্ঞান আছিল। বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ সঠিক তাৎপৰ্য উপলব্ধি কৰিবলৈ ব্যৰ্থ হৈ বহু পণ্ডিত ব্যক্তি তেওঁৰ শৰণাপন্ন হৈছিল। তেওঁৰ সময়তে ইবনে আবি শাইখ তাবেয়ীয়ে প্ৰত্যেক নামাজৰ পাছত দীৰ্ঘ সময় মোনাজাত কৰিছিল। আয়েসা(ৰাঃ)ই এই বিষয়ে জ্ঞাত হৈ তেওঁক লক্ষ্য কৰি কৈছিল- সপ্তাহত এদিন আৰু উৰ্ধে তিনদিনৰ বেছি বক্তৃতা প্ৰদান নকৰিব আৰু সংক্ষেপে মোনাজাত কৰিব। কাব্যিক ভাষাত মোনাজাত কৰাৰ প্ৰয়োজন নাই। দীৰ্ঘ বক্তৃতা, উপদেশ আৰু মোনাজাতৰ দ্বাৰা মানুহক হয়ৰানি কৰাৰ নিয়ম আল্লাহৰ ৰাছুল(ছাঃ) আৰু চাহাবীসকলৰ নাছিল।

            আয়েসা(ৰাঃ)ৰ দানশীলতা প্ৰবাদৰ দৰে প্ৰচলিত। কুৰআন আৰু হাদীছ গভীৰভাবে অধ্যয়ন কৰি তেওঁ উপলব্ধি কৰিব পাৰিছিল যে, ধন-সম্পদ সঞ্চয়ৰ মাজত কোনো সাৰ্থকতা নাই। বিলাই দিয়াৰ মাজতহে আছে ব্যক্তি আৰু সমষ্টিৰ কল্যাণ। আমিৰ মাবিয়া তেওঁৰ শাসনকালত আয়েসা(ৰাঃ)ক ১ লাখ দিৰহাম প্ৰেৰণ কৰিছিল। নিজৰ কাৰণে এটি দিৰহামো নাৰাখি সেয়া সূৰ্যাস্তৰ আগতেই বিতৰণ কৰি দিছিল। সিদিনা তেওঁ ৰোজা ৰাখিছিল। ইফতাৰৰ কাৰণে গৃহত একোৱে নাই বুলি তেওঁ পাছত পাৰিচাৰিকাসকলৰ পৰা জানিব পাৰিছিল। তেওঁ নবী(ছাঃ)ৰ বাণী ভালদৰে হৃদয়ঙ্গম কৰিছিল যে, দানশীলতা বেহেস্তৰ বৃক্ষ, দানশীলতাই মানুহক বেহেস্তৰ ফালেই টানি লৈ যায়।

                দাসপ্ৰথা সম্পৰ্কে তেওঁৰ ধাৰণা স্পষ্ট আছিল। মুছলমানে কেতিয়াও গোলামী জীৱন যাপন কৰিব নোৱাৰে আৰু যুদ্ধবন্দিৰ বাহিৰে মুছলিম সমাজত কোনো ধৰণৰ দাস-দাসীৰ অস্তিত্ব থাকিব নোৱাৰে, ইছলামৰ এই মানৱীয় দৃষ্টিভঙ্গীৰ ওপৰত তেওঁ যথাযত গুৰুত্বাৰোপ কৰিছিল। তেওঁ সদায় দাস-দাসীৰ প্ৰতি দয়া প্ৰদৰ্শন কৰিছিল। সমাজৰ পৰা এই কু-প্ৰথা দূৰ কৰাৰ কাৰণে তেওঁ গোলামসকলক ক্ৰয় কৰি ৬৭ জন গোলামক আজাদ কৰি দিছিল।

            তেওঁৰ প্ৰখৰ জ্ঞানৰ পৰিচয় আমি এটি ঘটনাৰ পৰা অনুধাৱন কৰিব পাৰি। কোৰআনৰ আয়াতৰ লগত কোনো কোনো হাদীছৰ অসামঞ্জস্য চকুত পৰিলে তেওঁ কোৰআনৰ আয়াত অনুসৰণ কৰাৰ কাৰণে পৰামৰ্শ দিছিল। তেতিয়াৰ আৰৱ সমাজত "মুতা" (মুতা বিবাহ হৈছে ইছলামিক আইনত অস্থায়ী বিবাহ। "মুতা" শব্দৰ অৰ্থ আৰবী ভাষাত "সুখ"। নিৰ্দিষ্ট সময়ৰ বাবে চুক্তিবদ্ধ হোৱা এই বিবাহত মহিলা সংগীক ধন প্ৰদান কৰা হয়।) বহুতে  মুতা সম্পৰ্কে হাদীছো পেচ কৰিছিল। আয়েসা(ৰাঃ)ক এই সম্পৰ্কে প্ৰশ্ন কৰা হলে তেওঁ কৈছিল- তোমালোকে এই বিষয়ে আল্লাহৰ কালামৰ সহায় নুলোৱা কিয়? এইদৰে কৈয়ে তেওঁ নিম্নোক্ত আয়াত আবৃতি কৰিছিল- যিসকলে নিজৰ স্ত্ৰী আৰু দাসী ব্যতীত বেলেগৰ পৰা নিজৰ লজ্জাস্থানৰ হেফাজত কৰে, সিহঁত নিন্দিত নহব। ইয়াৰ বাহিৰে বেলেগ কোনো ধৰণৰ যৌনসঙ্গম অবৈধ আৰু নিন্দনীয়।

            তেওঁৰ গুণাৱলী আৰু বৈশিষ্ট্য সম্পৰ্কে বহুতো মনীষীয়ে বহুতো মন্তব্য কৰিছে। তেওঁলোকৰ দুই এজনৰ মন্তব্য তলত দিয়া হল।–

                সকলো পুৰুষ আৰু উম্মুল মুমিনীনসকলৰ জ্ঞান একলগ কৰিলেও আয়েসা(ৰাঃ)ৰ জ্ঞানৰ পৰিমাণ বেছি হব।

                খলিফা মাবিয়া (ৰাঃ)ই হজৰত আয়েসা(ৰাঃ)ক খুবেই শ্ৰদ্ধা আৰু সন্মান কৰিছিল। তেওঁ এদিন দৰবাৰৰ এজন ব্যক্তিক সুধিছিল- আটাইতকৈ ডাঙৰ আলিম কোন?

            ব্যক্তিজনে খলিফাক সন্তুষ্ট কৰাৰ কাৰণে কৈছিল- আপুনি নিজে।

            মাবিয়া(ৰাঃ)ই ব্যক্তিজনৰ উত্তৰত সন্তুষ্ট নহল। তেওঁ আল্লাহৰ নাম শপত খাই কলে- নহয়, সত্য কথা কোৱা।

            তেতিয়া ব্যক্তিজনে কলে- সত্য কথা কৈছোঁ। মা আয়েসা(ৰাঃ)।

            এটা সময়ত আয়েসা(ৰাঃ)ৰ অন্তিমকাল কাষ চাপি আহিল। জ্ঞানৰ অত্যুজ্জ্বল শিখা আয়েসা(ৰাঃ)ই হিজৰী ৫৮ চনৰ ১৭ ৰমজানত(৬৭৮চনৰ ১৬ জুলাই) মাবিয়াৰ শাসন কালত সমগ্ৰ মুছলিম জাহানক ম্নান কৰি এন্তেকাল কৰিলে। এন্তেকালৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৩ বা ৬৪ বছৰ। ইতিহাসবিদসকলে কয়, তেওঁৰ এন্তেকালৰ নিশা ইমান আলোক জ্বলোৱা হৈছিল আৰু ইমান মহিলাৰ আগমন হৈছিল যে, ধাৰণা হৈছিল যেন ঈদৰ নিশা। আবু হুৰায়ৰাহ(ৰাঃ)ই তাহাজ্জুদ নামাজৰ পাছত তেওঁৰ জানাযাৰ নামাজৰ ইমামতি কৰিছিল আৰু তেওঁক জান্নাত আল-বাকীত সমাধিস্থ কৰা হৈছিল।

                                হাফছা(ৰাঃ)

            হাফছা বিন্তে ওমৰ(ৰাঃ)ৰ জন্ম নবী(ছাঃ)এ নবীত্ব প্ৰাপ্তিৰ পাঁচ বছৰ আগত অৰ্থা ৬০৫ চনত তেওঁ হজৰত মহম্মদ(ছাঃ)ৰ চতুৰ্থ পত্নী আৰু ইছলামৰ দ্বিতীয় খলিফা ওমৰ ইবনে আল-খাত্তাব(ৰাঃ)ৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ মাতৃৰ নাম জয়নাব বিন্তে মযউন জয়নাব(ৰাঃ) ওমৰ(ৰাঃ)ৰ প্ৰথমা পত্নী আছিল। ইছলামিক লেখাত হাফছা(ৰাঃ)ৰ নামৰ আগত প্ৰায়ে "মুমিনসকলৰ মাতৃ" উপাধি লিখা হয়।

            হাফছা(ৰাঃ) প্ৰথমে খুনাইছ ইবনে হুধাফাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেতিয়া হাফছা(ৰাঃ)ৰ বয়স আছিল ১৪ বছৰ। খুনাইছ(ৰাঃ) বনুশহম গোত্ৰৰ অন্তৰ্গত আছিল। খুনাইছ ইবনে হুধাফা ৬১৬ চনত আবিচিয়ালৈ প্ৰব্ৰজন কৰিছিল আৰু আবিচিয়াৰ পৰা ৬১৯ চনত মক্কালৈ উভতি অহাৰ কিছুদিন পাছত হাফছা(ৰাঃ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।  খুনাইছ ৬২২ চনত ওমৰ(ৰাঃ)ৰ লগত মদীনালৈ প্ৰব্ৰজন কৰিছিল। শাম ফৈদৰ একমাত্ৰ খুনাইছ(ৰাঃ)ই বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰিছিল। বদৰৰ যুদ্ধত মুছলমানসকলে জয়লাভ কৰিলেও কিছু সংখ্যক মুছলমান আহত আৰু ছহিদ হৈছিল। সেই যুদ্ধত খুনাইছ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাতৰ ফলতে ৬২৪ চনৰ আগষ্ট মাহৰ শেষৰ ফালে তেওঁ মৃত্যুবৰণ কৰে। ফলত হাফছা(ৰাঃ)বিধৱা হয়।

            হাফছা(ৰাঃ) বিধৱা হোৱাৰ পাছত ইদ্দাত (ইদ্দা বা ইদ্দাত আৰবী শব্দ যাৰ অৰ্থ অপেক্ষাৰ সময় আৰু মুছলমান মহিলাসকলে ইয়াক পালন কৰে। স্বামীৰ মৃত্যু হলে বা বিবাহ বিচ্ছেদ হোৱাৰ পাছত পুনৰ বৈধভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ আগতে মুছলমান মহিলাই ইদ্দাত পালন কৰাটো বাধ্যতামূলক। ইদ্দাত পালন কৰাৰ আঁৰৰ কাৰণ হল মহিলাগৰাকী গৰ্ভৱতী নে নহয় সেইটো নিৰ্ণয় আৰু পিতৃত্বৰ পৰিচয় নিৰ্ধাৰণ কৰা) সম্পূৰ্ণ হোৱাৰ পাছত ওমৰ(ৰাঃ)ই হাফছা(ৰাঃ)ৰ বিবাহৰ কাৰণে পাত্ৰৰ উপযুক্ত সন্ধান কৰিবলৈ ধৰিলে। কাৰণ তেতিয়া আৰৱত বিধৱা বিবাহ অবৈধ নাছিল।

            পিতৃ ওমৰ(ৰাঃ)এ প্ৰথমে ওছমান ইবনে আফফানৰ ওচৰত বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। কাৰণ তেতিয়া ওছমান(ৰাঃ)ৰ স্ত্ৰী ৰোকেয়াই এন্তকাল কৰিছিল। ওছমান(ৰাঃ)ই প্ৰস্তাৱ বিবেচনা কৰাৰ কাৰণে সময় বিচাৰিলে। কিছুদিন পাছত ওমৰ(ৰাঃ)ই ওছমান(ৰাঃ)ৰ লগত দেখা কৰাত তেওঁ বিবাহ কৰাবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। ইয়াৰ পাছত ওমৰ(ৰাঃ)ই ঘণিষ্ট বন্ধু আবু বকৰ(ৰাঃ)ৰ ওচৰত প্ৰস্তাৱ আগবঢ়ালে; কিন্তু আবু বকৰে হা-না কোনো উত্তৰে নিদিলে।

            শেষত নিৰাশ হৈ ওমৰ(ৰাঃ)ই ভাৰাক্ৰান্ত মনেৰে নবী(ছাঃ)ৰ ওচৰত উপস্থিত হল। নবী(ছাঃ)ৰ ওচৰত তেওঁ মনৰ কথা ব্যক্ত কৰিলে। তেতিয়া আল্লাহৰ ৰাছুল(ছাঃ)এ ওমৰ(ৰাঃ)কক সহায় কৰাৰ কাৰণে আগুৱাই আহিল আৰু হাফছা(ৰাঃ)ক বিবাহ কৰিবলৈ সন্মতি প্ৰকাশ কৰিলে। মহম্মদ(ছাঃ)এ শ্বাবান মাহত হিজৰী ৩ চনত ( ৬২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ আৰম্ভণিতে)  হাফছাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহে নবী(ছাঃ)ক বিশ্বাসী অনুগামী ওমৰ(ৰাঃ)ৰ সৈতে মিত্ৰতা কৰাৰ সুযোগ কৰি দিছিল।

            আয়েসা(ৰাঃ) আৰু হাফছা(ৰাঃ) সহোদৰা ভগ্নীৰ দৰে চলিছিল আৰু উভয়ে এজনে আনজনৰ লগত সকলো সময়তে পৰামৰ্শ কৰি চলিছিল। হাফছা(ৰাঃ) অসাধাৰণ সুন্দৰী, অতুলনীয়া স্বাস্থ্যৱতী আৰু বুদ্ধিশালীনি আছিল। পিতৃৰ বহু গুণাৱলী হাফছা(ৰাঃ)ৰ মাজত বিদ্যমান আছিল। আয়েসা(ৰাঃ)আৰু হাফছা(ৰাঃ) উভয়ে জ্যেষ্ঠা সওদা(ৰাঃ)ক প্ৰগাঢ় শ্ৰদ্ধা কৰিছিল। সাওদাও এই দুই তৰুণী সতিনীক মাতৃৰ দৰে স্নেহ কৰিছিল। এনেকুৱাই মধুৰ সম্পৰ্ক বিৰাজিত আছিল নবী(ছাঃ)ৰ গৃহত। হাফছা(ৰাঃ)শিক্ষিতা আছিল। তেওঁ পিতাৰ সহচৰ্যত সাহিত্য, কলা আৰু ইতিহাসত গভীৰ বুৎপত্তি লাভ কৰিছিল। হাফছা(ৰাঃ) তেজস্বিনী হিচাপে পৰিচিতা হলেও উদাৰ হৃদয়ৰ আছিল। আয়েসা(ৰাঃ)ৰ দৰে হাফছাও নিঃসন্তান আছিল।

            ওচমান(ৰাঃ)ই কোৰআন সংকলন কৰাৰ সময়ত হাফছা(ৰাঃ)ৰ কপি ব্যৱহাৰ কৰিছিল। হাফছা(ৰাঃ)ৰ পৰা ৬০ টা হাদীছ সংগৃহীত হৈছে। তেওঁ হাদীছসমূহ নবী(ছাঃ)আৰু ওমৰ(ৰাঃ)ৰ মুখৰ পৰা শুনিছিল। তেওঁৰ দ্বাৰা বৰ্ণিত চাৰিটা হাদীছ ইমাম বুখাৰীয়ে আৰু ছয়টা হাদীছ ইমাম মুছলিমে তেওঁলোকৰ গ্ৰন্থত সন্নিৱিষ্ট কৰিছে।

            হাফছা(ৰাঃ)ই নামাজ আৰু ৰোজা পালনৰ ক্ষেত্ৰত অতুলনীয় আদৰ্শ ৰাখি গৈছে। তেওঁ ওৰে ৰাতি নামাজ পঢ়ি পাৰ কৰিছিল আৰু দিনৰ ভাগত ৰোজা ৰাখি আত্মসংশোধন কৰিছিল।

            হাফছা(ৰাঃ)ই সকলো সময়ত দাজ্জালৰ ভয়ত ভীত হৈ থাকিছিল। মদীনাত অৱস্থানকাৰী ইবনে জিয়াদৰ মাজত দাজ্জালৰ কিছু আলামত বিদ্যমান আছিল। এদিন আবদুল্লাহ বিন ওমৰ(ৰাঃ)এ তাক ৰাস্তাত দেখা পালে তাৰ আচৰণৰ প্ৰতি ঘৃণা প্ৰকাশ কৰিলেফলত এদিন জিয়াদে তেওঁৰ বাট আগচি ধৰি থিয় হল। তেতিয়া আবদুল্লাহ(ৰাঃ)ই বিৰক্ত হৈ তাক মাৰপিট কৰিবলৈ ধৰিলে। এই খবৰ পাই হাফছা(ৰাঃ)ই ভায়েকক লগ ধৰি কলে- তুমি এনেকুৱা কিয় কৰিলা? তুমি অৱগত নোহোৱা নেকি নবী(ছাঃ)এ কৈছে- দাজ্জালৰ আগমন ক্ৰোধৰ কাৰণেই হব।

            এই বিদুষী মহিলা অৰ্থৰ প্ৰতিও নিৰ্লিপ্ত আছিল। মৃত্যুৰ পূৰ্বে তেওঁৰ সকলো ধন-সম্পত্তি দুখীয়সকলৰ কল্যাণৰ কাৰণে দান কৰি গৈছে। এই ক্ষেত্ৰত আব্দুৰ ৰহমান বিন ওমৰ(ৰাঃ)এ তেওঁক সহায় কৰিছিল।

            হাফছা(ৰাঃ)ই হিজৰী ৪৫ চনত (৬৬৫ চনৰ অক্টোবৰ বা নৱেম্বৰ মাহত) তেওঁৰ মৃত্যুবৰণ কৰে মদীনাৰ শাসক মাৰওয়ান(ৰাঃ)ই তেওঁৰ জানাযাৰ নামাজৰ ইমামতি কৰিছিল। তেওঁক জান্নাতুল বাকিত সমাধিস্থ কৰা হৈছিল।

                                       জয়নব বিন্তে খোযায়মা

            জয়নাব বিন্তে খুজাইমা(ৰাঃ)ৰ জন্ম  ৫৯৬ চনত মক্কাত তেওঁক উম্মুল-মাছাকিন ("দৰিদ্ৰৰ মাতৃ") বুলিও জনা যায় তেওঁ মহম্মদ(ছাঃ)ৰ পঞ্চম পত্নী আছিল মহম্মদ(ছাঃ)ৰ পত্নীসকলৰ ভিতৰত জয়নাব আছিল প্ৰথমজন যিজন কোৰেইচ জনগোষ্ঠীৰ নাছিল। তেওঁৰ পিতৃ খোযায়মা ইবনে আল-হাৰিছ মক্কাৰ হিলাল জনগোষ্ঠীৰ লোক আছিল। তেওঁৰ মাকৰ নাম হিন্দ বিন্তে আৱফ বুলি কোৱা হয় যদিও এই পৰম্পৰা দুৰ্বল।

 

            তেওঁ প্ৰথমে বিবাহপাশত আৱদ্ধ হৈছিল নবী(ছাঃ)ৰ পেহীয়েকৰ লৰা আবদুল্লাহ বিন জাহাসৰ লগত। মতান্তৰে তেওঁৰ বিবাহ উবায়দুল্লাহ বিন জাহাসৰ লগত হৈছিল বুলিও কোৱা হয়। বদৰৰ যুদ্ধত উবায়দুল্লাহ মৃত্যুবৰণ কৰাৰ পাছতহে ভায়েক আবদুল্লাহৰ লগত বিবাহপাশত হৈছিল। এই দ্বিতীয় মতটো ভিত্তিহীন। উবায়দুল্লাহ বিন জাহাস আবিচিনিয়ালৈ প্ৰব্ৰজন কৰাৰ পাছত  ইছলাম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। খ্ৰীষ্টান অৱস্থাতে সি মৃত্যুবৰণ কৰিছিল। তাৰ স্ত্ৰীৰ নাম আছিল উম্মে হাবিবা(ৰাঃ)। সেয়ে সি বদৰৰ যুদ্ধত অংশগ্ৰহণ কৰাৰ প্ৰশ্নই নুঠে। আনহাতে তাৰ ভায়েক আবদুল্লাহ বিন জাহাস বদৰ আৰু উহুদৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। আবদুল্লাহ বিন জাহাস উহুদৰ যুদ্ধত অংশগ্ৰহণ কৰি বীৰ বিক্ৰমে যুদ্ধ কৰি ছহিদ হৈছিল।

            উহুদৰ যুদ্ধত অৱতীৰ্ণ হোৱাৰ আগত আবদুল্লাহ বিন জাহাসে এইবুলি আল্লাহৰ দৰবাৰত মোনাজাত কৰিছিল- হে দুনিয়া জাহানৰ স্ৰষ্টা, মই যেন ক্ৰোধান্ধ সাহসী শত্ৰুৰ সন্মুখীন হওঁ। মই যেন তাৰ হাতত নিহত হওঁ। সি যেন মোৰ ওঁঠ, নাক-কাণ কাটি পেলায়। সেই অৱস্থাত মই যেন তোমাৰ লগত মিলিত হব পাৰোঁ। তুমি তেতিয়া সুধিবা, হে আব্দুল্লাহ তোমাৰ ওঁঠ, নাক-কাণ কি কাৰণত কটা হৈছে? মই তেতিয়া উত্তৰ দিম, হে ইলাহী, তোমাৰ আৰু তোমাৰ ৰাছুলৰ কাৰণে।

            যুদ্ধক্ষেত্ৰত থিয় হৈ মুজাহিদে মোনাজাত কৰিলে সেই দোৱা ব্যৰ্থ নহয়। যুদ্ধ আৰম্ভ হল। আবদুল্লাহ বিন জাহাস বীৰ বিক্ৰমে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিল। তেওঁ এনেকৈ যুদ্ধ কৰিছিল যে, তৰোৱাল ভাঙি দুডোখৰ হৈ গল। নবী(ছাঃ)এ তেওঁক খেজুৰ গছৰ এডাল ঠানি দিলে। ঠানি দি যুদ্ধ কৰি তেওঁ ছহিদ হল। শত্ৰুসেনাসকলে তেওঁৰ নাক-কাণ প্ৰভৃতি কাটি নিলে। তেওঁৰ মনস্কামনা পূৰ্ণ হল।

            ফলত বিয়াৰ এবছৰ পাছতেই জয়নাব(ৰাঃ) বিধৱা হল। জাহাস পৰিবাৰৰ দুঃখত নবী(ছাঃ) ব্যথিত হল। আবদুল্লাহ ছহিদ হোৱাৰ পাছত জয়নাব(ৰাঃ) আৰ্থিক সংকটৰ সন্মুখীন হল। তেওঁ নজদেৰ চোলাইম গোত্ৰৰ কন্যা আছিল। চোলাইম গোত্ৰৰ লোকজন তেতিয়ালৈকে ইছলাম গ্ৰহণ কৰা নাছিল। মাথোন দুই চাৰিজনহে নবী(ছাঃ)ৰ আদৰ্শত বিশ্বাস স্থাপন কৰিছিল। পক্ষান্তৰে অধিক সংখ্যক লোক ইছলামৰ ক্ৰমবৰ্দ্ধমান অগ্ৰগতি ৰোধ কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত আছিল। ফলত জয়নাব(ৰাঃ) ইছলাম বিৰোধী পৰিৱেশত উভতি যাব নুখুজিলে। দুই এঠাইৰ পৰা বিয়াৰ প্ৰস্তাৱো আহিল, কিন্তু তেওঁ বিয়াত সন্মত নহল। ড০ হামিদুল্লাহই তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ মোহাম্মদত অভিমত ব্যক্ত কৰিছে যে, নবী(ছাঃ)এ চোলাইম গোত্ৰৰ ক্ৰমবৰ্দ্ধমান বিৰোধিতা দূৰ কৰাৰ কাৰণে তেওঁলোকৰ গোত্ৰৰ এগৰাকী সন্মানিতা, সুপৰিচিতা মহিলা জয়নাব বিন্তে খোযাইমাক বিবাহ কৰাইছিল। ইয়াত ৰাজনৈতিক উদ্দেশ্যৰ বাহিৰেও জয়নাব(ৰাঃ)ৰ আৰ্থিক সংকট আৰু উপযুক্ত অভিভাৱকৰ অভাৱ আছিল। সেয়ে নবী(ছাঃ)এ নিকাহ কৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল আৰু জয়নাব(ৰাঃ)এ সেই প্ৰস্তাৱ সানন্দে গ্ৰহণ কৰিছিলতেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ত্ৰিছ বছৰ আৰু নবী(ছাঃ)ৰ বয়স আছিল ছাপন্ন বছৰ। নবী(ছাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হোৱাৰ পাছত জয়নাব(ৰাঃ) কাৰো মতে দুই তিন মাহ, আকৌ কাৰো মতে আঠ মাহ, কাৰো মতে আকৌ দুবছৰ জীয়াই আছিল।

            নবী(ছাঃ)ৰ প্ৰতিগৰাকী জীৱনীকাৰে দৃঢ়তাৰ সৈতে মতপোষণ কৰিছে যে, বিধৱা হোৱাৰ পাছত জয়নাব(ৰাঃ) অত্যন্ত নিঃসহায় হৈ পৰিছিল। এনেকুৱা অৱস্থাত নবী(ছাঃ)এ তেওঁক পত্নী হিচাপে গ্ৰহণ নকৰিলে ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত ইছলাম গ্ৰহণ কৰা মহিলাগৰাকী খুবেই অসুবিধাত পৰিলহেতেঁন। অসহায় অৱস্থাৰ পৰা সকাহ দিয়াৰ কাৰণেই নবী(ছাঃ)এ তেওঁক পত্নী হিচাপে বৰণ কৰিছিল। ইয়াতো নবী(ছাঃ)ৰ মহত্ত্ব প্ৰকাশ পাইছে।

            জয়নাব (ৰাঃ) সুন্দৰী নাছিল। হেইকল চাহাবে কৈছে যে, বিধৱা অৱস্থাত জয়নাব(ৰাঃ) খুবেই বিপন্না হৈ পৰিছিল। সেয়ে নবী(ছাঃ)ৰ চৰণত একান্তভাৱে আত্মসমৰ্পণ কৰিছিল।(নয়া জাতি স্ৰষ্টা হজৰত মুহাম্মাদ/ বৰকাতুল্লাহ ৰচনাৱলী ২য় খণ্ড।) সেয়ে কবলৈ বাধা নাই যে, মহম্মদ(ছাঃ)এ কোনোধৰণৰ মোহত আকৃষ্ট হৈ এই বিয়াত সন্মতি প্ৰকাশ কৰা নাছিল। এই সিদ্ধান্ত আছিল সময়ৰ প্ৰয়োজন মাত্ৰ।  হেইকল চাহাবৰ মন্তব্যৰ পৰা এই কথাৰ সমৰ্থন পোৱা যায়। তেওঁ কয় যে, হজৰত মহম্মদ(ছাঃ)ৰ সামাজিক সচেতনতা আৰু দায়বদ্ধতাৰ আন এক উদাহৰণ হৈছে জয়নাব বিন্তে খোযায়ামা আৰু উম্মে ছালমাক বিয়া কৰোৱাটো।

            এইবোৰ উক্তিৰ পৰা নিঃসন্দেহে প্ৰমাণিত হয় যে, হজৰত মহম্মদ (ছাঃ)এ পৰিস্থিতৰ মোকাবিলা কৰিবলৈহে অসহায়া মুছলিম মহিলাৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকক সামাজিকভাবে পুনৰ্বাসন কৰাৰ সমান্তৰালভাৱে সামাজিক বিড়ম্বনাৰ পৰা উদ্ধাৰ কৰিছিল।

            ইছলাম গ্ৰহণ কৰাৰ আগত জয়নাব(ৰাঃ) তেওঁৰ গোত্ৰৰ গৰীৱ-দুখীয়াৰ সহায়কাৰী হিচাপে পৰিচিতা আছিল। কোনো গৰীৱ-দুখীয়া তেওঁৰ ওচৰলৈ আহি খালী হাতে উভতি যোৱা নাছিল। তেওঁ এনেদৰে গৰীৱ-দুখীয়াৰ সেৱা কৰিছিল যে, গোত্ৰৰ মানুহে জয়নাব(ৰাঃ)ক গৰীৱৰ জননী উপাধি প্ৰদান কৰিছিল। ইছলাম গ্ৰহণ কৰাৰ পাছত স্বাভাৱিকভাবে তেওঁৰ দান খয়ৰাতৰ প্ৰৱণতা বৃদ্ধি পাইছিল। দীন-দুঃখীৰ অভাৱ পূৰণ কৰাৰ কাৰণে তেওঁ যথাসাধ্য চেষ্টা কৰিছিল। তেওঁ ভালদৰে উপলব্ধি কৰিব পাৰিছিল যে, দুখীয়া মানুহৰ সেৱা আৰু আল্লাহৰ এবাদতে মানুহক বেহেস্তৰ ফালে পৰিচালিত কৰে।  তেওঁ জীৱনকাল খুব কমদিনৰ আছিল। কিন্তু মানৱ সেৱাৰ জৰিয়তে তেওঁ অমৰ হৈ আছে।

            জয়নাব(ৰাঃ) ৬২৫ চনত এন্তেকাল কৰিছে। স্বয়ং নবী(ছাঃ)এ তেওঁৰ জানাযাৰ নামাজত ইমামতি কৰিছিল আৰু নিজ হাতে জান্নাতুল বাকিত সমাধিস্থ কৰিছিল।

 

                                             উম্মে ছালমা(ৰাঃ)

            উম্মে ছালামা(ৰাঃ)বিন্তে আবি উমায়্যাৰ জন্ম ৫৮০ বা ৫৯৬ চনত আৰৱৰ মক্কা নগৰীত।। জন্মৰ সময়ত উম্মে ছালমাৰ নাম ৰখা হৈছিল হিন্দ তেওঁৰ পিতৃ আবু উমায়্যা ইবনে আল-মুগিৰাক চুহাইল বা জাদ আৰ-ৰকিব বুলিও জনা যায়। তেওঁ বিশেষকৈ ভ্ৰমণকাৰীসকলৰ প্ৰতি অতি উদাৰতাৰ বাবে পৰিচিত আছিল। তেওঁ কোৰেইচ জনগোষ্ঠীৰ এজন অভিজাত সদস্য আছিল। তেওঁৰ মাতৃ আছিল কিনানাৰ ফিৰাছ ইবনে ঘানাম গোত্ৰৰ আতিকা বিন্তে আমিৰ ইবনে ৰাবিয়া।

            উম্মে ছালামা(ৰাঃ) মহম্মদ(ছাঃ)ৰ অন্যতম প্ৰভাৱশালী মহিলা সংগী আছিল মহম্মদ(ছাঃ)ৰ অসংখ্য হাদীছ স্মৰণ কৰাৰ বাবে তেওঁক বহুলাংশে স্বীকৃতি দিয়া হৈছে ছিয়া মুছলমানসকলে বিশ্বাস কৰে যে, খাদিজা(ৰাঃ)ৰ পাছতে উম্মে ছালমা আছিল মহম্মদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পত্নী।

            মহম্মদ(ছাঃ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে উম্মে ছালামা(ৰাঃ) আব্দুল্লাহ ইবনে আব্দুল আছাদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আব্দুল্লাহ আবু চালামা নামে বেছি পৰিচিত আছিল। আবু চালামাৰ মাতৃৰ নাম আছিল বাৰাহ বিন্তে আব্দুল মুত্তলিব। আবু চালামা আছিল মহম্মদ(ছাঃ)ৰ প্ৰতিপালিত ভাতৃ আৰু অন্যতম ঘনিষ্ঠ সংগী আছিল আবু চালামাৰ ঔৰষত উম্মে ছালমাই চাৰিটা সন্তান জন্ম দিছিল সন্তান কেইজনৰ নাম আছিল যথাক্ৰমে চালামা, উমৰ, জায়নাব আৰু ৰোকায়াহ।

            উম্মে ছালমা(ৰাঃ) আৰু তেওঁৰ স্বামী আবু চালামা(ৰাঃ) প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰাসকলৰ ভিতৰত অন্যতম আছিল তেওঁলোকৰ আগতে কেৱল হজৰত আলী(ৰাঃ) আৰু আন কেইজনমানহে ইছলাম ধৰ্মগ্ৰহণ কৰিছিল। ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰতিক্ৰিয়া স্বৰূপে শক্তিশালী কোৰেইচসকলৰ পৰা তেওঁলোক তীব্ৰ ক্ষোভ আৰু অত্যাচাৰৰ সন্মুখীন হব লগা হৈছিল। তথাপি উম্মে ছালামা আৰু আবু চালামাই ইছলামৰ প্ৰতি নিজৰ ভক্তি অব্যাহত ৰাখিছিল।

            অত্যাচাৰৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে নতুনকৈ ইছলাম গ্ৰহণ কৰা মুছলমানসকল অতীষ্ঠ হৈ পৰিছিল সেয়ে হজৰত মহম্মদ(ছাঃ)এ উম্মে ছালামা আৰু আবু চালামা সমন্বিতে নতুনকৈ ইছলাম গ্ৰহণ কৰা অন্যান্য অনুগামীসকলক আবিচিনিয়ালৈ প্ৰব্ৰজন কৰিবলৈ নিৰ্দেশ দিছিলনবী(ছাঃ)ৰ নিৰ্দেশ মৰ্মে উম্মে ছালামাই নিজৰ স্বামী আৰু অন্যান্য মুছলমানৰ সৈতে আবিচিনায়ালৈ প্ৰব্ৰজন কৰিছিলআবিচিনিয়াত থকাৰ সময়ত এই প্ৰব্ৰজিত মুছলমানসকলক কোৱা হৈছিল যে, মক্কাত মুছলমানৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নিৰ্যাতনৰ মাত্ৰা হ্ৰাস পাইছে। এই খবৰ পোৱাৰ পাছত উম্মে ছালামা, তেওঁৰ স্বামী আৰু বাকী প্ৰব্ৰিজত মুছলমানসকল পুনৰ মক্কালৈ উভতি আহিছিল

            মক্কালৈ উভতি অহাৰ পাছত কোৰেইচসকলে পুনৰ মুছলমানসকলক বেয়া ধৰণে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত মহম্মদ(ছাঃ)এ তেওঁৰ অনুগামীসকলক মদীনালৈ প্ৰব্ৰজন কৰিবলৈ নিৰ্দেশ দিলে। ইয়াকে হিজৰাত বুলি কোৱা হয়। উম্মে ছালামাই তেওঁৰ স্বামী আৰু পুত্ৰৰ সৈতে একেলগে হিজৰত কৰাৰ পৰিকল্পনা কৰিছিল

            এই প্ৰব্ৰজনৰ বিষয়ে উম্মে ছালামা(ছাঃ)ই কৈছে-  তেতিয়া আমালোকৰ মাথোন এটা উট আছিল। ফলত আমাৰ স্বামীয়ে মোক আৰু আমাৰ শিশু সন্তান ছালামক উটৰ পিঠিত তুলি নিজে উটৰ লেকাম ধৰি টানি নিবলৈ ধৰিলে ৰাস্তাত বানু মুগিৰাৰ লোকসকলৰ লগত আমাৰ দেখা হল। তেওঁলোকে আবু চালামাক কলে- এনেকুৱা বেয়া অৱস্থাত আমি আমাৰ ছোৱালীজনীক  তোমাৰ লগত যাবলৈ নিদিও। এইদৰে কৈ আবু চালামাৰ হাতৰ পৰ উটৰ লেকাম কাঢ়ি নিলে আৰু মোক বলপূৰ্বকভাৱে তেওঁলোকে টানি চোঁচৰাই নিবলৈ ধৰিলে। এনেকুৱা সময়ত আবু চালামাৰ বংশৰ লোক আহি তাত উপস্থিত হল। তেওঁলোকে বলপূৰ্বক আমাৰ শিশু সন্তানটোক মোৰ পৰা কাঢ়ি নিলে। আমাৰ বংশৰ লোকসকলক তেওঁলোকে কলে- তোমালোকে তোমালোকৰ ছোৱালীক আমাৰ লগত যাবলৈ নিষেধ কৰিছা। গতিকে আমাৰ বংশৰ সন্তানটোক আমি তোমালোকৰ ছোৱালীৰ লগত থাকিবলৈ নিদিওঁ। ফলত মই মোৰ স্বামী আৰু শিশু সন্তানৰ পৰা বিচ্ছিন্ন হৈ পৰিলো। ইফালে হিজৰতৰ হুকুম আছিল, সেয়ে আবু চালামাই শিশু সন্তানটোক লৈ মদীনালৈ হিজৰত কৰিলে।

            মই প্ৰতিদিন ৰাতিপুৱা গৃহৰ পৰা ওলাই এটি টিলাৰ ওপৰত বহি ৰোদন কৰিছিলোঁ। এইদৰে এটা বছৰ পাৰ হৈ গল। মোৰ অৱস্থা দেখি এদিন বনু মুগিৰাৰ লোকসকল বিচলিত হৈ উঠিল। তেওঁলোকে আমাৰ বংশৰ লোকসকলক একগোট কৰি কলে- কিয় তোমালোকে এই হতভাগিনীক তেওঁৰ সন্তান আৰু স্বামীৰ পৰা বিচ্ছিন্ন কৰি ৰাখিছা?

                এই কথাবোৰ ইমান আন্তৰিকতাৰ সৈতে কোৱা হৈছিল যে, আমাৰ বংশৰ লোকসকলৰ মনত দয়া উদ্ৰেক হল। তেওঁলোকে মোক উদ্দেশ্য কৰি কলে- তুমি ইচ্ছা কৰিলে তোমাৰ স্বামীৰ ওচৰলৈ যাব পাৰা। এই কথা শুনাৰ পাছত আব্দুল আছাদৰ লোকসকলে আমাৰ শিশুপুত্ৰ চালামাক মোৰ ওচৰলৈ উভতাই দিলে।

            ফলত উম্মে ছালামাই শিশুসন্তানটোক লৈ অকলেই মদীনালৈ যাত্ৰা কৰিলে। তেতিয়া এগৰাকী মহিলাৰ পক্ষে অকলে মদীনালৈ ভ্ৰমণ কৰাটো নিৰাপদ নাছিল। উম্মে ছালামা(ৰাঃ) তাতো বিচলিত নহল। আল্লাহই হিজৰতৰ হুকুম কৰিছে, গতিকে যেনেকৈয়ে হউক সেয়া পালন কৰিবই লাগিব। আল্লাহৰ সাহায্যৰ ওপৰত ভৰসা ৰাখি উম্মে ছালামাই শিশু সন্তানটোক লৈ মদীনাৰ বাটত অগ্ৰসৰ হল। কাৰণ মদীনাত আছে আল্লাহৰ ৰাছুল(ছাঃ), নিৰ্যাতিত মুছলমানসকল। সৰ্বোপৰি তাত ৰৈ আছে তেওঁৰ স্বামী।

            বিপুল উৎসাহ উদ্দীপনা লৈ যিসকলে আল্লাহৰ পথত অগ্ৰসৰ হয়, আল্লাহ তেওঁলোকৰ সহায় হয়। উম্মে ছালামাৰ ক্ষেত্ৰতো সেয়াই হল। মক্কাৰ ওচমান বিন তালহাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল।

            উম্মে ছালামা(ৰাঃ)ই কৈছে, মই চালামাক কোলাত লৈ উটৰ পিঠিত উঠি ৰাওয়ানা হলোঁ। আমি অকলে কিছুদূৰ অহাৰ পাছত ওচমান বিন তালহাৰ লগত আমাৰ দেখা হল। তেওঁ আমাৰ গন্তব্যস্থান সম্পৰ্কে জ্ঞাত হৈ সুধিলে- তোমাৰ লগত কোন আছে? মই কলো দুগ্ধপোষ্য শিশু আৰু আল্লাহ। তেওঁ আমাৰ উটৰ লেকাম ধৰি খোজ কাঢ়িবলৈ ধৰিলে। আল্লাহ সৰ্ব়জ্ঞ, সমগ্ৰ আৰৱত মই ওচমান বিন তালহাৰ দৰে ভদ্ৰ লোক দেখা নাই। মঞ্জিলে মঞ্জিলে আমি অকণমান জিৰণি লৈছিলোঁ। তেতিয়া তেওঁ গছৰ আঁৰলৈ গুচি গৈছিল। ৰওয়ানা হোৱাৰ আগত তেওঁ উট প্ৰস্তুত কৰি লৈছিল আৰু আমি উটৰ পিঠিত উঠি নিশ্চিত হৈ বহিলেহে তেওঁ উটৰ লেকাম ধৰি আগে আগে খোজ কাঢ়ি গৈছিল। মদীনাৰ সমীপত অৱস্থিত বনি আমৰ বিন আওফ অধ্যূষিত কাব্য পল্লীৰ ওচৰত উপনীত হোৱাৰ পাছত তেওঁ সুধিলে- ইয়াতেই তোমাৰ স্বামী অৱস্থান কৰে। মই আল্লাহৰ ওপৰত ভৰসা ৰাখি মহল্লাৰ ভিতৰত প্ৰৱেশ কৰিলো। ওচমান বিন তালহাই মোক মোৰ স্বামীৰ ঠিকনা দিয়ে মক্কাৰ পথত ৰওয়ানা হৈ গৈছিল

            মদীনালৈ অহাৰ পাছত উম্মে ছালামা(ৰাঃ)ৰ সুখ সৰহদিন স্থায়ী নহল। তেওঁৰ স্বামীক শত্ৰুসকলে কাঢ়ি লৈ গল। ওহুদৰ যুদ্ধত আবু চালামা(ৰাঃ)গুৰুতৰভাবে আহত হল। সেই অৱস্থাৰ পৰা তেওঁ পুনৰ আৰোগ্য হব নোৱাৰিলে। তেওঁ এন্তেকাল কৰিলে।  

                আবু চালামাৰ এন্তেকালৰ সংবাদ পোৱাৰ পাছত নবী(ছাঃ) উম্মে ছালামাৰ গৃহলৈ আহিল।স্বামীৰ মৃত্যুত উম্মে ছালামা শোকত একেবাৰে ভাঙি পৰিছিল। তেওঁ ইয়াকে কৈ ৰোদন কৰিছিল যে, হায়, তেওঁৰ এন্তেকাল হল কিয়!

            নবী(ছাঃ)এ তেওঁক সান্ত্বনা দি কলে- ধৈৰ্য ধৰা আৰু মৃতকৰ আত্মাৰ মাগফিৰাতৰ কাৰণে প্ৰাৰ্থনা কৰা। মোনাজাত কৰা- হে আল্লাহ! মোক তেওঁতকৈ উত্তম জীৱন সঙ্গী মিলাই দিয়া।

            নবী(ছাঃ)নটা তাকবীৰ সহ আবু চালামাৰ জানাযা নামাজ সম্পন্ন কৰিলে নটা তাকবীৰ উচ্চাৰণ কৰাটো চাহাবীসকলৰ ওচৰত ৰহস্যাবৃত ধাৰণা হল। কোনোবা কোনোবা চাহাবীয়ে ধাৰণা কৰিলে, নবী(ছাঃ) হয়তো ভুল কৰি পেলাইছে। অৱশেষত নবী (ছাঃ)এ কথাটো বুজাই দিলে। তেওঁ কলে- আবু চালামা হাজাৰ তাকবীৰৰ উপযুক্ত।

                আবু চালামা(ৰাঃ)ৰ এন্তেকালৰ পাছত উম্মে ছালামা(ৰাঃ) খুবেই অসহায় হৈ পৰিলসন্তানসকলক লৈ তেওঁ খুবেই কষ্টত দিনযাপন কৰিবলৈ ধৰিলেশিশুসকলক লৈ কত থাকিব, কি কৰিব এইবোৰ চিন্তাত তেওঁ অস্থিৰ হৈ পৰিল   স্বামীৰ এন্তেকালৰ সময়ত উম্মে ছালামা(ৰাঃ) গৰ্ভৱতী আছিল। সেয়ে সন্তান প্ৰসৱৰ পাছত আবু বক্কৰ(ৰাঃ)এ তেওঁৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ পঠালে। তেওঁ বিয়াত অনিচ্ছা প্ৰকাশ কৰি ঘটকক ঘূৰাই পঠালে। উম্মে ছালামা স্বামীৰ উপদেশ স্মৰণ কৰি ভাবিবলৈ ধৰিলে, কোন এনেকুৱা পুৰুষ হব, যিজন আবু চালামাতকৈও ভাল হব! অৱশেষত পুতেক ওমৰৰ মাৰফত নবী(ছাঃ)ৰ বিয়াৰ প্ৰস্তাৱ আহিল। সেই প্ৰস্তাৱত তেওঁ সন্মত হল আৰু নবী(ছাঃ)ৰ লগত তেওঁৰ বিয়া হৈ গল। বিয়াৰ সময়ত নবী(ছাঃ)এ তেওঁক দুটা আটা ভাঙ্গা চাকতি, দুটা লেপ এবং খেজুৰ পাতা ভৰ্তি এটি চামড়াৰ বালিশ দিছিল

                        এই বিয়াৰ একমাত্ৰ উদ্দেশ্য আছিল, অসহায়া নাৰীক আশ্ৰয় প্ৰদান আৰু অনাথ সন্তাকেইটাক ঠিকমতে লালন-পালন কৰা। এই বিয়াৰ সময়ত উম্মে ছলালাম(ৰাঃ)ৰ বয়স আছিল সাতাইছ বছৰ আৰু নবী(ছাঃ)ৰ সাতাৱন বছৰ।

            মহম্মদ(ছাঃ) আৰু সমাজৰ ওপৰত প্ৰভাৱ- সৌন্দৰ্য, জ্ঞান আৰু প্ৰজ্ঞাৰ বাবেই উম্মে ছালামা(ৰাঃ)ই মহম্মদ(ছাঃ)ৰ গৃহত আৰু সমাজত এক বিশিষ্ট ভূমিকা পালন কৰিছিল। উম্মে ছালামা(ৰাঃ)বিশ্বাস আৰু নৈতিকতাৰ ফালৰ পৰা মহম্মদ(ছাঃ)ৰ এগৰাকী ব্যতিক্ৰমী পত্নী আছিল। নাৰী হিচাপে তেওঁ নিজৰ সকলো ধৰ্মীয় কৰ্তব্য যথাযথভাবে পালন কৰিছিল। মহম্মদ(ছাঃ)ৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত তেওঁ মহম্মদ(ছাঃ)ক সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁ নবী(ছাঃ)ৰ প্ৰতি সদায় সৰ্বোচ্চ সন্মান প্ৰদৰ্শন কৰিছিল বুদ্ধিমত্তা, ৰাজনৈতিক প্ৰজ্ঞা আৰু নাৰীৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ কাৰণে তেওঁ সমাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ন্যায় বিচাৰৰ বাবে তেওঁ সমাজত পৰিচিত আছিল। প্ৰাথমিক ইছলামিক সমাজতো তেওঁ মহিলাৰ অধিকাৰৰ বাবে সক্ৰিয় ভূমিকা পালন কৰিছিল। এবাৰ তেওঁ মহম্মদ(ছাঃ)ক ধৰ্মীয় সংক্ৰান্ত এটি ৰাজনৈতিক প্ৰশ্ন সুধিছিল, "কোৰআনত মাথোন পুৰুষৰ কথা কিয় উল্লেখ কৰা হৈছে আৰু নাৰীৰ কথা কিয় উল্লেখ কৰা হোৱা নাই?  হজৰত মহম্মদ(ছাঃ)ক ওহীৰ দ্বাৰা দিয়া উত্তৰত আল্লাহ তায়ালাই ঘোষণা কৰিছিল, যে সমাজৰ আৰু বিশ্বাসীসকলৰ সদস্য হিচাপে উভয়ৰে অধিকাৰ সমান। ইয়াত  লিংগ ভেদাভেদৰ কোনো স্থান নাই। যেতিয়ালৈকে এজন মানুহ বিশ্বাসী হৈ থাকিব আৰু আল্লাহৰ আজ্ঞা পালন কৰাৰ কাৰণে আগ্ৰহী হৈ থাকিব, তেতিয়ালৈকে তেওঁলোকে আল্লাহৰ কৃপা লাভ কৰি থাকিব উম্মে ছালামা(ছাঃ)ৰ এই কাৰ্য্যই নজিৰ স্থাপন কৰিছিল আৰু লিংগ ভূমিকাত অসন্তুষ্ট হলে মহিলাসকল পোনপটীয়াভাবে মহম্মদ(ছাঃ)ৰ ওচৰলৈ যাব পাৰিছিল। উম্মে ছালামা(ৰাঃ)ৰ এই কাৰ্য্যই মহিলাসকলৰ বাবে প্ৰকৃত প্ৰতিবাদী আন্দোলনক প্ৰতিনিধিত্ব কৰিছিল। উম্মে ছালামা(ৰাঃ)ৰ অভ্ৰান্ত বিচাৰ ক্ষমতা, যুক্তিৰ প্ৰখৰতা আৰু শুদ্ধ মতামত ব্যক্ত কৰাৰ ক্ষেত্ৰত অতুলনীয় ক্ষমতাৰ অধিকাৰী আছিল উম্মে ছালামা স্পষ্টবাদী আছিল। তেওঁ যি সত্য বুলি অনুভৱ কৰিছিল, সেয়া প্ৰকাশ কৰিবলৈ বিন্দুমাত্ৰ কুণ্ঠাবোধ কৰা নাছিল। উম্মে ছালমা প্ৰখৰ বুদ্ধিমতী আছিল। তেওঁ নিজক কেতিয়াও গড্ডালিকা প্ৰবাহত উটুৱাই দিয়া নাছিল।

            নবী(ছাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হোৱাৰ পাছত তেওঁৰ ৰূপ, প্ৰখৰ বুদ্ধি আৰু অভ্ৰান্ত বিচাৰ বিশ্লেষণ অধিক পৰিপক্কতা লাভ কৰিছিল। ৰাজনৈতিক প্ৰজ্ঞা, দূৰদৰ্শিতা, প্ৰত্যুৎপন্নমতিতাত তেওঁ অতুলীয়া আছিল। ষষ্ঠ হিজৰীত নবী(ছাঃ)এ হুদাবিয়াৰ সন্ধিত স্বাক্ষৰ কৰিব, নে নকৰে ইয়াকে লৈ চাহাবীসকলৰ মাজত অসন্তোষ আৰু নৈৰাশ্য গা কৰি উঠিছিল নেতাৰ আদেশ পালনত যেতিয়া প্ৰায় অসন্মিতৰ লক্ষণ প্ৰকাশ পালে, তেতিয়া মনঃক্ষুণ্ণ হৈ নবী(ছাঃ) তাবুৰ ভিতৰত প্ৰৱেশ কৰিলে। তেতিয়া উম্মে ছালামা(ৰাঃ)ই সঠিক সিদ্ধান্ত আৰু পৰামৰ্শ প্ৰদান কৰি নবী(ছাঃ) আৰু চাহাবীসকলৰ মাজত নতুন উদ্দীপনা আৰু মনোবল সৃষ্টি কৰে। উম্মে ছালামা(ৰাঃ) সন্ধিৰ প্ৰত্যক্ষ অৱস্থাৰ প্ৰতি লক্ষ্য নকৰি, ইয়াৰ পৰোক্ষ আৰু প্ৰকৃত অৰ্থ অনুধাৱন কৰিবলৈ চাহাবীসকলক পৰামৰ্শ দিছিললত চাহাবীসকলে নবী(ছাঃ)ৰ নিৰ্দেশত সন্ধিৰ চৰ্তাৱলী মানি ললে। যদিও এই সন্ধি মুছলমানসকলৰ কাৰণে অবমাননাকৰ আছিল, কিন্তু ইয়াৰ মাজতে আল্লাহই ইছলামৰ প্ৰকৃত বিজয় প্ৰচ্ছন্ন কৰি ৰাখিছিল। প্ৰকৃতপক্ষে হুদাবিয়াৰ সন্ধিয়ে আছিল মুছলমানসকলৰ কাৰণে বিজয় পথৰ বিস্তৃত সোপান। এই সন্ধিৰ যথাৰ্থতা সম্পৰ্কে কোৰআনৰ আয়াত নাযিল হয়- নিশ্চয় আমি তোমালোকক প্ৰকাশ্য বিজয় দান কৰিছোঁ। (ছুৰা ফাতাহ, আয়াত-১)

            মহম্মদ(ছাঃ)ৰ এন্তেকালৰ পাছতো উম্মে ছালামা(ৰাঃ)ৰ ইছলামৰ ওপৰত প্ৰভাৱ অব্যাহত আছিল। তেওঁৰ দ্বাৰা বৰ্ণিত অসংখ্য হাদীছে ধৰ্মৰ ভৱিষ্যতৰ ওপৰত স্থায়ী প্ৰভাৱ পেলাইছে। উম্মে ছালামা(ৰাঃ)ই মহম্মদ(ছাঃ)ৰ আন এগৰাকী পত্নী আয়েসা(ৰাঃ)ৰ সৈতে ইমামৰ ভূমিকাও গ্ৰহণ কৰিছিল আৰু  মহিলাসকলক ইবাদতত নেতৃত্ব দিছিল।

            উট যুদ্ধতো উম্মে ছালামা(ৰাঃ)ই শক্তিশালী ভূমিকা পালন কৰিছিল তেওঁ আয়েসা(ৰাঃ) আৰু হজৰত আলী(ৰাঃ)ৰ ফৈদৰ মাজত সংঘটিত সংগ্ৰামৰ প্ৰত্যক্ষভাবে বিৰোধিতা কৰিছিল এই যুদ্ধত আয়েসা(ৰাঃ) জড়িত হোৱাৰ বাবে তেওঁ মুকলিকৈ মতানৈক্য প্ৰকাশ কৰিছিল। তেওঁ আলী(ৰাঃ)ৰ দলটোক তীব্ৰভাবে সমৰ্থন কৰিছিল আনকি উম্মে ছালামা(ৰাঃ)ই তেওঁৰ পুত্ৰ ওমৰক আলীৰ হৈ যুঁজিবলৈও পঠিয়াইছিল।

            উম্মে ছালামা(ৰাঃ)ই নবী(ছাঃ)ৰ বাণী খুবেই মনযোগসহকাৰে শুনিছিল আৰু সেইবোৰ গুৰুত্বৰ সৈতে মনত ৰাখিছল।  নবী(ছাঃ)ৰ বাণী শুনিবলৈ আৰু সংৰক্ষণ কৰিবলৈ সমকালীন পণ্ডিতসকল তেওঁৰ ওচৰলৈ আহিছিল প্ৰথম শ্ৰেণীৰ চাহাবাসকল আৰু তেওঁলোকৰ পৰৱৰ্তী চাহাবাসকল নবী(ছাঃ)ৰ এন্তেকালৰ পাছত তেওঁৰ পৰা বহু হাদীছ শুনি উপকৃত হৈছিল তেওঁ মুঠ ৩৭৮ টা হাদীছ বৰ্ণনা কৰিছিল।

            ইমাম হোছেইন(ৰাঃ) কাৰবালাৰ প্ৰান্তৰত ছহিদ হোৱাৰ সময়ত উম্মে ছালামা(ৰাঃ) জীৱিত আছিল। হোছেইন(ৰাঃ)কাৰবালা প্ৰান্তৰত উপনীত হোৱাৰ পাছত তেওঁ সপোনত দেখিছিল যে নবী(ছাঃ)আহিছে। নবী(ছাঃ)ৰ সৰ্বশৰীৰত চিন্তাৰ ছাপ বিদ্যমান। উম্মে ছালামা(ৰাঃ)ই সুধিলে- হে ৰাছুল্লাহ(ছাঃ) খবৰ কি? নবী(ছাঃ)এ কলে- হোছেইনৰ হত্যাৰ পাছত উভতি আহিছোঁ। তেতিয়া উম্মে ছালামা(ৰাঃ)ৰ টোপনি ভাঙি গল। তেওঁৰ দুচকুৰে লোতক বাগৰিবলৈ ধৰিলে। তেওঁ কলে- ইৰাকবাসীয়ে হোছেইনক হত্যা কৰিছে। আল্লাহই যেন সিহঁতক হত্যা কৰে। হোছেইনক যিসকলে অপমান কৰিছে, আল্লাহই যেন সিহঁতক অপমানিত কৰে। বলাবাহুল্য, হোছেইন(ৰাঃ)ৰ বুকুৰ কেঁচা তেজেৰে চৌধ্যশ বছৰ আগতে যি দেশৰ মাটি সিক্ত হৈছিল সেই দেশলৈ এতিয়ালৈকে শান্তি ঘূৰি অহা নাই।

            হিজৰী ৬৩ চনত ৮৪ বছৰ বয়সত উম্মে ছালামা(ৰাঃ)ই এন্তেকাল কৰে। তেওঁৰ এন্তেকালৰ চনটো বিতৰ্কিত। কোনোবা কোনোবাই ৬৪ হিজৰী চন বুলিও কয়। তেওঁৰ মৃত্যুৰ তাৰিখ বিতৰ্কিত যদিও তেওঁৰ পুত্ৰৰ মতে ৮৪ বছৰ বয়সত তেওঁৰ এন্তেকাল হৈছে।

            তেওঁৰ অন্তিম অনুৰোধ আছিল, মদীনাৰ গভৰ্নৰ ওলিদ বিন ওতবাই যেন তেওঁৰ জানাযাৰ নামাজত ইমামতি নকৰে। তেওঁৰ সেই অভিলাষ পূৰ্ণ হৈছিল। ওলিদ বিন ওতবাই তেওঁৰ জানাযাৰ নামাজত অংশগ্ৰহণ কৰা নাছিল। আবু হুৰায়ৰা(ৰাঃ)ই তেওঁৰ জানাযাৰ নামাজত ইমামতি কৰিছিল। উম্মে ছালামাক জান্নাতুল বাকিত সমাধিস্থ কৰা হয়। মহম্মদ(ছাঃ)ৰ পত্নীসকলৰ ভিতৰত একমাত্ৰ তেৱেঁ আছিল সৰ্বশেষ জীৱিত মহিলা

                                 জয়নাব বিন্তে জাহাশ

            জায়নাব(ৰাঃ)ৰ পিতৃ জাহাশ ইবনে ৰিয়াব খুজাইমা জনগোষ্ঠীৰ পৰা অহা এজন প্ৰব্ৰজনকাৰী আৰু তেওঁ উমাইয়া বংশৰ সুৰক্ষাত মক্কাত বসতি স্থাপন কৰিছিল। তেওঁৰ মাতৃ উমাইমা বিন্তে আব্দুল-মুত্তালিব কোৰেইচ জনগোষ্ঠীৰ হাছিম বংশৰ সদস্য আৰু মহম্মদ(ছাঃ)ৰ পিতৃৰ ভগ্নী আছিল জয়নাবৰ জন্ম ৫৯০ খ্ৰীষ্টাব্দত আৰৱৰ মক্কা নগৰত। তেওঁ হজৰত মহম্মদ(ছাঃ)ৰ সপ্তম গৰাকী সহধৰ্মিনী আছিল।

            প্ৰথম বিবাহ- জয়নাব(ৰাঃ)ৰ প্ৰথম স্বামীৰ নাম ইতিহাসত উল্লেখ থকা দেখা নাযায় যদিও ৬২২ খ্ৰীষ্টাব্দত মদীনালৈ হিজৰতৰ আগতে তেওঁৰ মৃত্যু হোৱা বুলি উল্লেখ আছে। হিজৰাতৰ সময়ত জয়নাব(ৰাঃ) ইছলাম ধৰ্মত দীক্ষিত হৈছিল আৰু তেওঁ তেওঁৰ ভাতৃ আব্দুল্লাৰ সৈতে মদীনালৈ হিজৰাত কৰিছিল

        দ্বিতীয় বিবাহ - হিজৰী ৪ চনত অৰ্থা৬২৫ চনৰ আশে-পাশে মহম্মদ(ছাঃ)এ জয়নাবক তেওঁৰ দত্তক পুত্ৰ জায়েদ ইবনে হাৰিছৰ বাবে বিয়াৰ প্ৰস্তাৱ দিয়ে। জায়েদ কালব জনগোষ্ঠীৰ লোক আছিল আৰু লৰালিতে তেওঁক দাস ব্যৱসায়ীয়ে অপহৰণ কৰি খাদিজা বিন্তে খুৱাইলিদৰ ভাতিজাকৰ ওচৰত বিক্ৰী কৰিছিল। পাছত ভাতিজাকে তেওঁক মহম্মদ(ছাঃ)ক বিয়াৰ উপহাৰ হিচাপে দিছিল। কিছু বছৰৰ পাছত মহম্মদ(ছাঃ)এ জায়েদক তেওঁৰ পিতৃৰ অনুমতি সাপেক্ষে নিজৰ পুত্ৰ হিচাপে দত্তক লৈছিল।

            ভাতৃ আব্দুল্লাহৰ সমৰ্থনত জায়নাব(ৰাঃ)এ প্ৰথমে এই প্ৰস্তাৱ নাকচ কৰিছিল এইবুলি যে, "মই কোৰেইচৰ বিধৱা।" ধাৰণা কৰা হয়, জয়নাব(ৰাঃ)ই এই প্ৰস্তাৱ নাকচ কৰি ইংগিত দিছিল যে, তেওঁৰ সামাজিক মৰ্যাদা অতি উচ্চ, যাৰ বাবে প্ৰাক্তন দাস এজনক তেওঁ বিয়া কৰাব নোৱাৰে।

            ইফালে নবী(ছাঃ)এ মনে-প্ৰাণে বিশ্বাস কৰিছিল যে, সমগ্ৰ মানৱ জাতি এক আদমৰ সন্তান। গোত্ৰ আৰু বংশৰ মৰ্যদা ঠুনুকা বস্তু। এই মৰ্যদাবোধৰ কাৰণে মানুহৰ কল্যাণতকৈ অকল্যাণ বেছি হয়। প্ৰকৃতপক্ষে সেই ব্যক্তিয়ে আল্লাহৰ ওচৰত বেছি প্ৰিয় আৰু মানুহৰ ওচৰত সন্মানৰ অধিকাৰী, যিজন বিশুদ্ধ চিন্তাৰ অধিকাৰী, আল্লাহৰ প্ৰতি ভয় ৰাখি জীৱন অতিবাহিত কৰে। বিশ্ব নবী(ছাঃ)এ সমগ্ৰ বিশ্বৰ কাৰণে বৰ্ণ-গোত্ৰ-বংশ নিঃশেষ কৰি শ্ৰেণীহীন সমাজৰ গোড়াপত্তন কৰিব বিচাৰিছিল। সামাজিক পাৰ্থক্যবোৰ আঁতৰ কৰাৰ বাবেই মহম্মদ(ছাঃ)এ নিকট আত্মীয়া জয়নাব(ৰাঃ)ৰ লগত দত্তক পুত্ৰ জায়েদৰ বিবাহৰ ব্যৱস্থা কৰিব বিচাৰিছিল বুলি কোৱা হৈছে। অৱশেষত নবী(ছাঃ)ৰ নিৰ্দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি জয়নাব(ৰাঃ)এ বিয়াত সন্মতি প্ৰকাশ কৰে আৰু উভয় পক্ষৰ সন্মতি সাপেক্ষে আৰৱৰ সভ্ৰান্ত পৰিবাৰৰ বিধৱা জয়নাব(ৰাঃ)ৰ লগত কৃতদাস জায়েদৰ শুভবিবাহ সম্পন্ন হয়।

            জয়নাব(ৰাঃ)ৰ এই দাম্পত্য জীৱন মাথোন এবছৰ স্থায়ী হৈছিল। উভয়ৰ মানসিক বৈপৰীত্যৰ কাৰণে মনোমালিন্য সৃষ্টি হয়। জায়েদ(ৰাঃ)এ নবী(ছাঃ)ৰ ওচৰত এই বিষয়ে অভিযোগ দিয়ে আৰু জয়নাবক তালাক দিয়াৰ ইচ্ছা প্ৰকাশ কৰে। নবী(ছাঃ)এ প্ৰথমে তেওঁক তালাক দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়েকিন্তু উভয়ৰ মনোমালিন্য আঁতৰ নোহোৱাত শেষত বিবাহ বিচ্ছেদ হৈ যায়।

            জীৱনীকাৰসকলে ধাৰণা কৰে যে, জায়েদ(ৰাঃ)ৰ পৰা তালাক প্ৰাপ্তিৰ পাছত জয়নাব(ৰাঃ)ই নিজেই নবী(ছাঃ)ৰ ওচৰত বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু নবী(ছাঃ)এ এই বিষয়ে নীৰৱতা অৱলম্বন কৰিলে। কাৰণ জায়েদ তেওঁৰ পালিত পুত্ৰ। আৰৱত তেতিয়া পালিত পুত্ৰক আপোন পুত্ৰৰ দৰে মৰ্যদা দিয়া হৈছিল। ইফালে পেহীয়েকৰ ছোৱালী হিচাপে জয়নাব(ৰাঃ) আগতে তেওঁৰ ভনীয়েক আছিল। মোমায়েকৰ ছোৱালী, পেহীয়েকৰ ছোৱালী, খুড়াকৰ ছোৱালীক বিয়া কৰোৱাত ইছলামত বাধা নাই যদিও  জায়েদৰ লগত বিবাহ হোৱাৰ পাছত সম্পৰ্কই নতুন মোৰ লৈছিল। সেয়েহে জয়নাব(ৰাঃ)ই বিচাৰিলেই হঠাৎ কিবা এটা কৰিব নোৱাৰে। এনেকুৱা অৱস্থাত মহান আল্লাহই ছুৰা আহযাব নাযিল কৰে-

            কোনো পুৰুষৰ নিমিত্তে আল্লাহই তাৰ বুকুৰ ভিতৰত দুটা হৃদয় সৃষ্টি কৰি দিয়া নাই। আৰু তোমালোকৰ নিজৰ যি পত্নীবিলাকক মাতৃ বুলি সম্বোধন কৰি(কিছু কালৰ নিমিত্তে)বৰ্জন কৰা , আল্লাহই সিহঁতক তোমালোকৰ প্ৰকৃততে মাতৃ কৰা নাই, আৰু সেইদৰে তোমালোকে তুলি লোৱা পুত্ৰবিলাককো তোমালোকৰ পুত্ৰ কৰা নাই। ই তোমালোকৰ মুখৰ পৰা ওলোৱা কথা মাথোন। আল্লাহই ন্যায় কথা ব্যক্ত কৰে আৰু সঠিক পথ প্ৰদৰ্শন কৰে। (আয়াত ৪-৫)

            আল্লাহ পাকে এইদৰে পৱিত্ৰ কালাম নাযিল কৰি তেওঁৰ প্ৰিয় হাবীবক সন্দেহমুক্ত কৰে। তেতিয়া নবী(ছাঃ)এ নিঃসন্দেহে জয়নাব(ৰাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হয়। মৌখিক সম্পৰ্কক অস্বীকাৰ কৰি মুছলমানসকলে যেন পৰস্পৰে বৈবাহিক সম্বন্ধ স্থাপন কৰিব পাৰে, এই আদৰ্শ স্থাপন কৰাৰ কাৰণেই নবী(ছাঃ)এ জয়নাব(ৰাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হৈছিল।

            জায়েদৰ লগত বিবাহ বিচ্ছেদৰ পাছত অপেক্ষাৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পাছত ৬২৭ চনৰ ২৭ মাৰ্চত নবী(ছাঃ)আৰু জয়নাব(ৰাঃ)ৰ শুভবিবাহ বিবাহ অনুষ্ঠিত হৈছিল। বিয়াৰ সময়ত ৪০০ দিৰহাম মোহৰানা ধাৰ্য কৰা হৈছিল। পাছত বিয়াৰ ভোজ পাতি এটা ভেড়া জবেহ কৰিছিল আনাছ ইবনে মালিকে কয় যে, ভোজৰ সময়ত সত্তৰৰ ওপৰত অতিথিয়ে অংশগ্ৰহণ কৰিছিল মহম্মদ(ছাঃ)ৰ আন কোনো পত্নীৰ বিয়াত ইমান ডাঙৰ ভোজৰ ব্যৱস্থা কৰা হোৱা নাছিল।

            জয়নাব(ৰাঃ) বিন্তে জাহাশ উন্নত মনৰ অধিকাৰী আছিল। পাৰ্থিৱ স্বাৰ্থৰ পঙ্কিলতাই কেতিয়াও তেওঁক স্পৰ্শ কৰিব পৰা নাই। সতীনসকলৰ মাজত সাধাৰণত ঈৰ্ষাৰ ভাৱ বিদ্যমান থাকে আৰু পৰষ্পৰক দোষাৰূপ কৰাৰ মনোবৃত্তি থাকে, কিন্তু উম্মুল মোমিনীনসকলৰ (নবী পত্নীসকলৰ) মাজত জয়নাব(ৰাঃ) এইবোৰৰ উৰ্দ্ধত আছিল।তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু সৰলতা তলৰ ঘটনাৰ পৰা উপলব্ধি কৰিব পৰা যায়- মোনাফেকসকলে আয়েসা(ৰাঃ)ৰ বিৰুদ্ধে কুৎসা ৰটনা কৰিলে নবী(ছাঃ)এ এই সম্পৰ্কে জয়নাবক মত প্ৰকাশৰ কাৰণে আহ্বান জনায়। তেতিয়া জয়নাব(ৰাঃ)ই নবী(ছাঃ)ক জনালে, আয়েসা(ৰাঃ)ৰ উত্তম গুণৰ বাহিৰে মই বেলেগ একোৱেই জ্ঞাত নহয়। নবী(ছাঃ)ৰ সহধৰ্মিনীসকলৰ মাজত শ্ৰেষ্ঠা আয়েসা ছিদ্দিকাই জয়নাবৰ চাৰিত্ৰিক সৌন্দৰ্য গভীৰভাবে উপলব্ধি কৰিব পাৰিছিল। তেওঁ কয়, দ্বীনি কাম, তাকাওয়া, সত্যবাদীতা, দয়া, দানশীলতা আৰু আত্মত্যাগৰ ক্ষেত্ৰত জয়নবতকৈ উত্তম মহিলা মই দেখা নাই।

            জয়নব(ৰাঃ)ই অনাড়ম্বৰ জীৱন যাপন কৰিছিল। সম্পদৰ প্ৰাচুৰ্য নাথাকিলেও ইচ্ছা কৰিলে, তেওঁ আড়ম্বৰপূৰ্ণ জীৱনযাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেয়া কৰা নাই। তেওঁ ত্যাগৰ জীৱন বাচি লৈছিল।

            আল্লাহৰ সন্তুষ্টিৰ কাৰণে মুছলমান নৰ-নাৰীয়ে নিজৰ সম্পদৰ এক বিশেষ অংশ ইছলাম প্ৰতিষ্ঠাৰ কাৰণে ব্যয় কৰাটো অৱশ্য কৰ্তব্য। মুছলমানসকলে তেওঁলোকৰ বিত্ত অনাথ, নিৰাশ্ৰয়, নিৰ্ধন আৰু বিদেশী মেহমানসকলৰ সুখ-সুবিধাৰ কাৰণে ব্যয় কৰিব লাগে। নবীপত্নী জয়নব(ৰাঃ)ই এই আদৰ্শ আখৰে আখৰে পালন কৰিছিল। তেওঁৰ মনত আল্লাহভীতি ইমানেই প্ৰৱল আছিল যে, সম্পদৰ সামান্য প্ৰাচুৰ্যও তেওঁ পছন্দ কৰা নাছিল। এই সম্পৰ্কে তলৰ ঘটনাটো বিবৃত কৰা হল-

            ওমৰ বিন খাত্তাব(ৰাঃ)এ নবী(ছাঃ)ৰ সহধৰ্মিনীসকলৰ ভৰণপোষণৰ কাৰণে বায়তুলৰ মালৰ পৰা বাৰ্ষিক ভাতা নিৰ্ধাৰণ কৰিছিল। জয়নাব(ৰাঃ)ৰ অংশ যথাসময়ত কৰ্মচাৰীসকলৰ জৰিয়তে তেওঁৰ ওচৰলৈ পঠিয়াই দিয়া হৈছিলতেওঁ কল্পনাও কৰিব নোৱাৰিছিল যে, ইমান টকা-পইচা তেওঁৰ কাৰণে প্ৰেৰণ কৰা হৈছে। তেওঁ ভাবিলে, হয়তো আটাইৰে অংশ ইয়াত আছে। তেওঁ কৰ্মচাৰীসকলক কলে- বায়তুলৰ মালৰ প্ৰয়োজন নবী(ছাঃ)ৰ অন্যান্য পত্নীসকলৰে বেছিচৰকাৰী কৰ্মচাৰীয়ে বিনয় সহকাৰে কলে- বাৰ্ষিক ভৰণপোষণৰ খৰচ হিচাপ কৰি আমিৰুল মোমিনীনে মাথোন আপোনাৰ কাৰণেই বাৰ হাজাৰ দিৰহাম প্ৰেৰণ কৰিছে।

            ঘটনা বৰ্ণনাকাৰীসকলে কয়, তেওঁ ওমৰ(ৰাঃ)ৰ প্ৰেৰিত অৰ্থৰ প্ৰতি দ্বিতীয়বাৰ দৃষ্টি নিক্ষেপ কৰা নাছিল। প্ৰেৰিত দিৰহামসমূহ গৃহৰ এক কোণত লুকাই ৰখাৰ বাবে পৰামৰ্শ প্ৰদান কৰি তেওঁ নিজৰ মুখমণ্ডল আবৃত কৰি পেলাইছিল।

            ইয়াৰ পাছত পাৰিচাৰিকাক মাতি দিৰহামসমূহ দুখীয়া মুছলমানসকলৰ মাজত বিতৰণ কৰিবলৈ আদেশ প্ৰদান কৰিছিল। কলেও নহব যে, পাৰিচাৰিকাই দিৰহামসমূহ দুখীয়া মানুহৰ মাজত বিতৰণ কৰি দিছিল। পাৰিচাৰিকাই নিজৰ কাৰণে দিৰহাম প্ৰাৰ্থনা কৰিলে জয়নব(ৰাঃ)ই অৱশিষ্ট ৮৪ টা দিৰহাম লৈ যোৱাৰ বাবে অনুমতি দিছিল। বায়তুল মালৰ বাৰ হাজাৰ দিৰহামৰ এটা দিৰহামো তেওঁ স্পৰ্শ কৰা নাছিল।

            প্ৰেৰণ কৰা ভাতাৰ অৰ্থ দুখীয়াসকলৰ মাজত বিতৰণ কৰি দিয়াৰ খবৰ পাই ওমৰ(ৰাঃ)ই পুনৰ এক হাজাৰ দিৰহাম প্ৰেৰণ কৰিছিল। সেয়াও জয়নাব(ৰাঃ)ই পুনৰ দুখীয়াসকলৰ মাজত বিতৰণ কৰি দিছিল।

            এন্তেকালৰ সময়ত জয়নব(ৰাঃ)ৰ গৃহত পাৰ্থিৱ সম্পদ একোৱে সঞ্চিত নাছিল। তেওঁৰ বাসগৃহক মাওয়উল মিসকিন(দৰিদ্ৰৰ আৱাসস্থল)কোৱা হৈছিল। খলিফা ওলিদ বিন আব্দুল মালেকে তেওঁৰ গৃহ ৫০ হাজাৰ দিৰহাম মূল্যত খৰিদ কৰি মছজিদে নবীৰ লগত সংলগ্ন কৰিছিল।

            আয়েসা(ৰাঃ)ই বিশ্বাস কৰিছিল যে, তেওঁৰ পাছতে জয়নব(ৰাঃ) আৰু উম্মে ছালামা মহম্মদ(ছাঃ)ৰ প্ৰিয়পত্নী আছিল। তেওঁ কৈছিল: "জয়নব(ৰাঃ) সৌন্দৰ্য্য আৰু নবীৰ প্ৰতি থকা প্ৰেমত মোৰ সমতুল্য আছিল।" আয়েসা(ৰাঃ)ই স্বীকাৰ কৰিছিল: "জয়নব(ৰাঃ) দৰে ধৰ্মপৰায়ণতাত অধিক উন্নত, অধিক ঈশ্বৰ-সচেতন, অধিক সত্যবাদী, তেজৰ বান্ধোনৰ প্ৰতি অধিক সজীৱ, অধিক উদাৰ আৰু ব্যৱহাৰিক জীৱনত অধিক আত্মত্যাগৰ ভাৱ থকা আৰু অধিক দানশীল মহিলা মই কেতিয়াও দেখা নাই।"

            নবী(ছাঃ)এ এদিন কৈছিল- হে মোৰ পবিত্ৰা স্ত্ৰীবৃন্দ, তোমালোকৰ মাজত যাৰ হাত দীৰ্ঘ মোৰ এন্তেকালৰ পাছত তেওঁ মোৰ লগত সৰ্বাগ্ৰে মিলিত হ দীৰ্ঘ হাতৰ অৰ্থ হিচাপে বহুতেই দীঘল হাতক ধৰি লৈছিল। কিন্তু দীৰ্ঘ হাতৰ তাপৰ্য আছিল যিজন দান-খয়ৰাতত মুক্তহস্ত। প্ৰকৃতাৰ্থেই বিবি জয়নব(ৰাঃ) নবীপত্নীসকলৰ মাজত অধিক দানশীলা আছিল। তেওঁৰ উদাৰতা আছিল সুদূৰপ্ৰসাৰী।

            জয়নব(ৰাঃ)ই নিজ হাতে উপাৰ্জন কৰি নিজৰ ভৰণপোষণ কৰিছিল। নিজৰ কাফনৰ কাপোৰ তেওঁ নিজেই যোগাৰ কৰি ৰাখিছিল। এন্তেকালৰ আগতে তেওঁ কৈ গৈছিল যে, স্বয়ং খলিফায়ো যদি কাফনৰ কাপোৰ পঠিয়ায় সেয়া যেন দান কৰি দিয়া হয়।

            হজৰত ওমৰ(ৰাঃ)ৰ শাসনকালত ২০ হিজৰী(৬৪০ বা ৬৪১ খ্ৰীষ্টাব্দ)ৰ গ্রীষ্মকালত জয়নব(ৰাঃ)ৰ এন্তেকাল হয় মহম্মদ(ছাঃ)ৰ বিধৱাসকলৰ ভিতৰত তেওঁৰে প্ৰথম মৃত্যু হৈছিল।  এন্তেকালৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। দ্বিতীয় খলিফা ওমৰ(ৰাঃ)ই তেওঁৰ জানাযাৰ নামাজৰ ইমামতি কৰিছিল। জানাযাৰ নামাজৰ পাছত তেওঁ উপস্থিত লোকসকলক সুধিছিল- বিবি জয়নব(ৰাঃ)ৰ লাচ কোনে কবৰত নমাব? তেতিয়া সমৱেত লোকসকলে উত্তৰত কৈছিল- বিবি জয়নব(ৰাঃ)এ যিসকলৰ লগত দেখা কৰিছিল তেওঁলোকেই লাচ কৱৰত নমাব। সিদ্ধান্ত অনুসৰি হজৰত উচমান, মহম্মদ বিন আবদুল্লাহ বিন জাহাস, আবদুল্লাহ বিন আহম্মদ বিন জাহাসে তেওঁৰ পৱিত্ৰ লাচ কৱৰত নমাইছিল। জান্নাতুল বাকিত তেওঁক সমাধিস্থ কৰা হৈছিল।

 

                                                  জুয়াইৰিয়া বিন্তে হাৰেছ

            জুৱাইৰিয়া বিন্তে হাৰেছৰ জন্ম ৬০৮ চনত আৰৱৰ মক্কা নগৰীত।  তেওঁ মহম্মদ(ছাঃ)ৰ অষ্টম পত্নী আছিল সেয়েহে, তেওঁক মুমিনসকলৰ মাতৃ বুলি গণ্য কৰা হয়। তেওঁ বানু মুস্তালিক গোত্ৰৰ চৰ্দাৰ হাৰেছ ইবনে আবু দিৰাৰ বিন হাবীবৰ কন্যা আছিল তেওঁৰ প্ৰথম বিবাহ অনুষ্ঠিত হৈছিল মুছাফফা বিন সাফওয়ানৰ লগত।

            ইছলামিক সূত্ৰ অনুসৰি বানু মুস্তালিকে কোৰেইছসকলক সমৰ্থন কৰিছিল আৰু উহুদৰ যুদ্ধৰ সময়ত তেওঁ কোৰেইছসকলৰ হৈ মুছলমানৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰিছিল। ওহুদ মক্কালৈ যোৱা মূল পথৰ মাজত আছিল। সেয়ে মুছলমানসকলৰ বাবে মক্কালৈ যোৱাত এক শক্তিশালী বাধা হিচাপে কাম কৰিছিল।

            ধূ কাৰাদ অভিযানৰ পৰা উভতি অহাৰ দুমাহৰ পাছত বানু মুস্তালিক গোত্ৰৰ হাৰিছে মদীনাৰ ইছলামিক ৰাষ্ট্ৰক উৎখাত কৰাৰ বাবে মক্কাৰ চৰ্দাৰসকলৰ সহযোগত পৰিকল্পনা কৰি থকা বুলি মহম্মদ(ছাঃ)এ উৰাবাতৰি শুনিবলৈ পাইছিল সেয়েহে নবী(ছাঃ)এ এই কথা নিশ্চিত কৰিবলৈ বুৰাইদা ইবনে আল-হাছিব আল-আছলামী নামৰ এজন চোৰাংচোৱাক মক্কালৈ পঠিয়াই দিছিল হাৰিসৰ পৰিকল্পনাৰ বিষয়ে নিশ্চিত হৈ হিজৰী ৬ চনত নবী(ছাঃ)এ এদল ইছলামী সেনা বানু মুস্তালিক গোত্ৰৰ বিৰুদ্ধে প্ৰেৰণ কৰে। বানু মুস্তালিক বাহিনী অসাৱধান হৈ থকাৰ সময়ত মহম্মদ(ছাঃ)এ তেওঁলোকক আক্ৰমণ কৰে। আক্ৰমণৰ বাতৰি পাই  তেওঁলোকৰ লগত অহা আৰবসকলে নিজৰ নিজৰ জীৱন ৰক্ষাৰ বাবে পলায়ন কৰে। আবু বকৰক মুহাজিৰৰ (প্ৰব্ৰজনকাৰী)ৰ সেনাপতি হিচাপে নিযুক্ত কৰা হৈছিল আৰু ছাদ বিন উবাদাহ আছিল আনছাৰ (সহায়ক)সকলৰ সেনাপতি। মক্কাৰ পৰা অলপ দূৰৈত আল-মুৰাছিনামৰ এটা কুঁৱাৰ ওচৰত উভয় সেনাবাহিনী থিয় হৈ আছিল। বানু মুস্তালিকসকলে এঘণ্টা ধৰি ধনু-কাঁড়েৰে যুদ্ধ কৰিলে ইয়াৰ পাছত মুছলমানসকল দ্ৰুতগতিত আগবাঢ়ি গৈ  বানু মুস্তালিকক ঘেৰি ধৰিলে আৰু সমগ্ৰ জনগোষ্ঠীটোক দলবলসহ বন্দী কৰিলে। এইদৰে মুছলমানসকলৰ সম্পূৰ্ণ বিজয়ৰ সৈতে যুদ্ধ অন্ত পৰিল

            এই সংঘৰ্ষৰ সময়ত বহু লোক হতাহত হয়। হাৰিসৰ জোৱায়েক জুয়াইৰিয়াৰ স্বামী মুসাফফা বিন সাফওয়ান যুদ্ধক্ষেত্ৰত নিহত হয় আৰু গোত্ৰৰ আন বহুলোক মুছলমানসকলৰ হাতত বন্দি হয়। দুশ পৰিয়ালক বন্দী কৰাৰ লগতে দুশ উট, পাঁচ হাজাৰ ভেড়া, ছাগলীৰ সৈতে বিপুল পৰিমাণৰ ঘৰুৱা সামগ্ৰী লুটপাত কৰা হৈছিল যুদ্ধজয়ৰ পাছত বন্দিসকলৰ মাজত হাৰিস দুহিতা জুয়াইৰিয়াও আছিল।

            জুয়াইৰিয়া আকৰ্ষণীয় চকুৰ এগৰাকী অতি ধুনীয়া মহিলা আছিল গণিমতৰ মাল বিতৰণৰ সময়ত জুয়াইৰিয়াক প্ৰখ্যাত আনসাৰি চাহাবী সাবিত বিন কায়েস বিন শামস আল-কাৰীৰ ওচৰত সোপৰ্দ কৰা হৈছিল জুয়াইৰিয়া খুবেই তেজস্বিনী মহিলা আছিল আৰু তেওঁৰ আত্মসন্মানবোধ আছিল অতি প্ৰৱলতেওঁ কোনোমতেই দাসীৰ জীৱন মানি লবলৈ সন্মত নাছিল। সেয়ে তেওঁ সাবিত বিন কায়েসৰ পৰা আজাদ হোৱাৰ কাৰণে আবেদন কৰে। ১৯ উকিয়া স্বৰ্ণৰ বিনিময়ত সাবিত বিন কায়েসে তেওঁক আজাদ কৰিবলৈ সন্মত হয়।

                কিন্তু জুয়াইৰিয়াৰ হাতত তেতিয়া কোনো স্বৰ্ণ নাছিল। তেওঁ বহুত গুণাগঁথা কৰি  অৱশেষত নবী(ছাঃ)ৰ দৰবাৰত উপস্থিত হয় তেওঁ নবী(ছাঃ)ক কলে- ইয়া ৰাছুল্লাহ(ছাঃ), মই ইছলাম কবুল কৰিছোঁ। মই বনু মুস্তলিক গোত্ৰৰ চৰ্দাৰ হাৰিস বিন আবু দিৰাৰ কন্যা। আপুনি নিশ্চয় অৱগত আছে যে, মই সাবিত বিন কায়েসৰ ভাগত পৰিছোঁ। মই  ১৯ উকিয়া স্বৰ্ণৰ বিনিময়ত তেওঁৰ পৰা মোৰ আজাদী হাচিলৰ কাৰণে অঙ্গীকাৰ কৰিছোঁকিন্তু মোৰ পক্ষে সেয়া আদায় কৰা মুঠেই সম্ভৱ নহয়। মই আপোনাৰ ওপৰত ভৰসা কৰি এই অঙ্গীকাৰ কৰিছোঁ। সেয়ে আপোনাৰ পৰা সেয়া সংগ্ৰহ কৰাৰ কাৰণে আহিছোঁ।

            তেতিয়া নবী(ছাঃ)এ কলে- তুমি ইয়াতকৈ উত্তম কিবা পছন্দ কৰা নেকি?

                কোনো কোনো বৰ্ণনাত উল্লেখ কৰা হৈছে, তুমি বিচৰা নেকি তোমাৰ লগত ইয়াতকৈ উত্তম আচৰণ কৰা হউক?

            জুয়াইৰিয়াই সুধিলে- সেয়া কি?

                নবী(ছাঃ)এ কলে- মই তোমাৰ অঙ্গীকাৰৰ অৰ্থ আদায় দিম আৰু তুমি সন্মত থাকিলে মই তোমাক বিয়া কৰাম।

            জুয়াইৰিয়াই হয়তো কল্পনাও কৰিব পৰা নাছিল, আল্লাহৰ ৰাছুল(ছাঃ)এ তেওঁক জীৱনসঙ্গিনী কৰাৰ কাৰণে প্ৰস্তাৱ দিব। তেওঁৰ বন্দি জীৱন যে, এইদৰে সুভাগ্যলৈ ৰূপান্তৰিত হব, সেয়া তেওঁ কল্পনাও কৰিব পৰা নাছিল। তেওঁ প্ৰফুল্লচিত্তে নবী(ছাঃ)ৰ প্ৰস্তাৱ মানি ললে।

            নবী(ছাঃ)এ সাবিত বিন কায়েসক অঙ্গীকাৰকৃত অৰ্থ আদায় দি হাৰিসৰ কন্যাক আজাদ কৰিলে। আজাদ কৰাৰ পাছত তেওঁৰ নতুন নাম ৰাখিলে জুয়াইৰিয়া। ইয়াৰ পাছত বিবাহ অনুষ্ঠানৰ মাধ্যমত জুয়াইৰিয়াক জীৱনসঙ্গিনী কৰিলে। এই বিবাহৰ কথা শুনি মুছলমানসকলে বনু মুস্তালিক গোত্ৰৰ সকলো বন্দিক মুক্ত কৰি দিলে। এক বৰ্ণনাত কোৱা হৈছে যে, বিবাহৰ আনন্দত মুছলমানসকলে সাতজন বন্দিক মুক্ত কৰি দিছিল। অন্য এক বৰ্ণনাত কোৱা হৈছে, স্বয়ং জুয়াইৰিয়াই তেওঁৰ গোত্ৰৰ লোকসকলক মুক্ত কৰাৰ কাৰণে নবী(ছাঃ)ৰ দৰবাৰত অনুৰোধ কৰাৰ পাছত আল্লাহৰ ৰাছুল(ছাঃ)এ সকলো বন্দিক মুক্ত কৰি দিছিল।

            নবী মহম্মদ(ছাঃ)ৰ সৈতে জুয়াইৰিয়াই বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত নবী(ছাঃ)ৰ বয়স আছিল ৫৮ বছৰ আৰু জুয়াইৰিয়াৰ বয়স আছিল ২০ বছৰএই বিবাহ ৬২৭-৬২৮ চনত সম্পন্ন হৈছিল আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ চাৰি বছৰ পাছত নবী(ছাঃ)ৰ এন্তেকাল হৈছিল।

            জুয়াইৰিয়াক অতি সুন্দৰ আৰু পৰিশোধিত বুলি বৰ্ণনা কৰা হৈছে। তেওঁক দেখা আটায়ে তেওঁৰ ব্যতিক্ৰমী সৌন্দৰ্য্যত স্তম্ভিত হৈ পৰিছিল। সেই সময়ৰ অন্যতম আগশাৰীৰ পৰিয়ালত ডাঙৰ-দীঘল হোৱা জুয়াইৰিয়া মাথোন ধুনীয়াই নাছিল, তেওঁ মাৰ্জিত স্বভাৱৰ আৰু বাকপটু আছিল। আয়েসা(ৰাঃ)ই প্ৰথমবাৰৰ বাবে যেতিয়া তেওঁক দেখিছিল, তেতিয়া তেওঁ কৈছিল  যে, জুয়াইৰিয়া "পৰীৰ দৰে ধুনীয়া"।

            জুয়াইৰিয়া(ৰাঃ)ৰ তেওঁৰ গোত্ৰৰ প্ৰতি থকা অৱদানলৈ চাই উম্মুল মোমেনীন আয়েসা(ৰাঃ)ই যি উক্তি কৰিছিল সেয়া আবু দাউদ শৰীফত এইদৰে বৰ্ণিত আছে- মই কোনো মহিলাক নিজৰ গোত্ৰৰ প্ৰতি তেওঁতকৈ ইমান বেছি উপকাৰী পোৱা নাই।

            যুদ্ধ সমাপ্তিৰ পাছত হাৰিস নিজৰ গোত্ৰলৈ উভতি আহি জোৱায়েক মুসফফা বিন সাফওয়ান নিহত আৰু কন্যা জুয়াইৰিয়া বন্দি হোৱাৰ খবৰ পাই খুবেই চিন্তিত হৈ পৰে আৰু জুয়াইৰিয়াক মুক্ত কৰাৰ কাৰণে কেবাটাও উট বোজাই কৰি দ্ৰব্য সামগ্ৰী লৈ মদীনাৰ ফালে অগ্ৰসৰ হয়কিছুদূৰ অহাৰ পাছত তেওঁৰ মন কিছু পৰিৱৰ্তন হল। আটাইতকৈ উত্তম উট দুটা নবী(ছাঃ)ক নিদিয়াৰ সিদ্ধান্ত লৈ তেওঁ উট দুটা এঠাইত বান্ধি থৈ গল। ইয়াৰ পাছত অৱশিষ্ট দ্ৰব্য সামগ্ৰী আৰু উট লৈ তেওঁ নবী(ছাঃ)ৰ দৰবাৰত উপস্থিত হৈ কলে- এইবোৰ স্বীকাৰ কৰক আৰু মোৰ কন্যাক মুক্ত কৰি দিয়ক। বাটত থৈ অহা উট দুটাৰ কথা আল্লাহ ৰাব্বুল আলামীনে নবী(ছাঃ)ক অবহিত কৰিছিল। সেয়ে নবী(ছাঃ)এ সুধিলে- আৰু বাকী দুটা উট ক?

            নবী(ছাঃ)ৰ প্ৰশ্নত হাৰিস খুবেই লজ্জিত হল আৰু তেওঁ নবী(ছা)ক চুমা খালে। শেষত তেওঁ ইছলাম স্বীকাৰ কৰিলে।

                ইয়াৰ পাছত যেতিয়া হাৰিসে জানিব পাৰিছিল যে, নবী(ছাঃ)এ তেওঁৰ কন্যাক দাসী হিচাপে ৰখা নাই, বিবাহ কৰাই স্ত্ৰীৰ মৰ্যদা দি ৰাখিছে, তেতিয়া তেওঁ আনন্দ মনে নিজৰ গোত্ৰলৈ উভতি গৈছিলকোনো কোনো বৰ্ণনাত কোৱা হৈছে যে, হাৰিসে তেওঁৰ কন্যাৰ মুক্তি দাবি কৰাৰ পাছত নবী(ছাঃ)এ জুয়াইৰিয়াক তেওঁৰ সন্মুখত হাজিৰ কৰিছিল। তেতিয়া হাৰিসে জুয়াইৰিয়াক কৈছিল- তুমি মোক লজ্জিত নকৰিবা। তেতিয়া জুয়াইৰিয়া(ৰাঃ)ই কৈছিল- মই আল্লাহৰ ৰাছুল(ছাঃ)ক স্বেচ্ছায় গ্ৰহণ কৰিছোঁ।

            জুয়াইৰিয়া(ৰাঃ) অতি সৎ আৰু ধৰ্মপ্ৰাণা মহিলা আছিল। তেওঁ নিয়মিতভাবে নামাজ পঢ়িছিল আৰু ৰোজা ৰাখিছিল। তেওঁৰ দ্বাৰা বৰ্ণিত ৭ টা হাদীছৰ ২টা বুখাৰী, ২ টা মুছলিম আৰু ৩ টা অন্যান্য গ্ৰন্থত বৰ্ণনা কৰা হৈছে।

            নবী(ছাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ ৪৪ বছৰ পাছত ৬৪/৬৫ বছৰ বয়সত ৫৬ হিজৰী(৬৭৬ চনত)ৰ ৰবিউল আউয়াল মাহত তেওঁৰ এন্তেকাল হয়। এন্তেকালৰ পাছত নবী মহম্মদ(ছাঃ)ৰ আন আন পত্নীসকলৰ দৰে তেওঁক জান্নাতুল বাকি'ত সমাধিস্থ কৰা হৈছে *

 

                                                            উম্মে হাবীবা(ৰাঃ)

            ৰমলাহ(উম্মে হাবীবা) বিন্তে আবু ছুফিয়ানৰ জন্ম ৫৮৯ অথবা ৫৯৪ চনত।  তেওঁৰ প্ৰকৃত নাম আছিল ৰমলা। উম্মে হাবীবা আছিল তেওঁৰ উপাধি। তেওঁ সাধাৰণতে উম্মে হাবিবা নামে জনাজাত। পিতা-মাতা উভয় ফালৰ পৰা উম্মে হাবীবা(ৰাঃ) অভিজাত সন্তান আছিল। তেওঁৰ বংশ মৰ্যদা, শিক্ষা, আচাৰ-আচৰণত এক প্ৰকাৰ বৈশিষ্ট্য বিদ্যমান আছিল। তেওঁ অতিশয় চতুৰ আৰু বুদ্ধিমতী আছিল। তেওঁ আৰৱৰ সুপ্ৰসিদ্ধ সমৰ নায়ক আবু ছুফিয়ানৰ কন্যা আছিল। আবু ছুফিয়ান আছিল উমাইয়া বংশৰ প্ৰধান, আৰু সমগ্ৰ কোৰেইছ জনগোষ্ঠীৰ নেতা আবু ছুফিয়ান এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল। তেওঁ ৬২৪৬৩০ চনৰ সময়ছোৱাত মহম্মদ(ছাঃ)ৰ আটাইতকৈ শক্তিশালী বিৰোধী আছিলতেওঁ সকলো সময়তে কোৰেইছসকলৰ যুদ্ধ-পতাকা বহন কৰিছিল। আবু ছুফিয়ান আৰু তেওঁৰ স্ত্ৰী হিন্দা নবী(ছাঃ)ৰ মক্কা বিজয়ৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল প্ৰথম উমাইয়াদ খলিফা মুআৱিয়া প্ৰথম ৰমলা(উম্মে হাবীবা)ৰ সতীয়া ভাতৃ আছিল তেওঁৰ মাতৃৰ নাম ছুফিয়া বিন্তে আবুল আস। মাতৃৰ ফালৰ পৰা তেওঁ উচমান(ৰাঃ)ৰ লগত যুক্ত আছিল। ছুফিয়া বিন্তে আবুল আস উচমান(ৰাঃ)ৰ পেহীয়েক আছিল। নবী(ছাঃ)এ নবীত্বপ্ৰাপ্তিৰ ১৭ বছৰ আগত উম্মে হাবীবাৰ জন্ম হৈছিল।

       উবাইদুল্লাহ ইবনে জাহছৰ লগত বিবাহ-উম্মে হাবীবা(ৰাঃ) প্ৰথমে উবাইদুল্লাহ ইবনে জাহছৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছত তেওঁলোক ইছলাম ধৰ্মত দীক্ষিত হৈছিল। ইছলাম ধৰ্মগ্ৰহণ কৰা প্ৰথম লোকসকলৰ ভিতৰত উবাইদুল্লাহ আৰু ৰমলাহ অন্যতম আছিল ইছলম গ্ৰহণৰ পাছত তেওঁলোক তীব্ৰ নিৰ্যাতনৰ সন্মুখীন ব লগা হৈছিল। কোৰেইছসকলৰ নিৰ্যাতনৰ পৰা ৰক্ষা পৰিবলৈ উভয়ে ৬১৬ চনত আবিচিনিয়া (ইথিওপিয়া)লৈ প্ৰব্ৰজন কৰিছিল আৰু, তাত তেওঁৰ কন্যা হাবিবাহ বিন্তে উবাইদুল্লাহৰ জন্ম হৈছিল। উবাইদুল্লাহ দুৰ্বল চিত্তৰ লোক আছিল আৰু তেওঁ ধৰ্মৰ কাৰণে কষ্ট স্বীকাৰ কৰাৰ পক্ষপাতি নাছিল। সেয়ে আবিচিনিয়াত উবাইদুল্লাহই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল আৰু সি ৰমলাহকো খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল, কিন্তু হাবীবা(ৰাঃ)ৰ ইছলাম ধৰ্মৰ প্ৰতি প্ৰৱল আনুগত্য আছিল।  সেয়ে তেওঁ স্বামীৰ হেঁচাৰ পাছতো ইছলাম ত্যাগ কৰা নাছিলআগৰ দৰেই নিজৰ মতত অটল হৈ আছিলফলত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ হয় (ইবন হাজাৰ, আল-ইছাবাহ, খণ্ড ৪, পৃষ্ঠা ৩০৫)।

            মহম্মদৰ লগত বিবাহ- স্বামীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছতো হাবীবা(ৰাঃ) ভাগি নপৰিল। স্বামীৰ প্ৰেমে তেওঁক সত্যপথৰ পৰা বিচলিত কৰিব নোৱাৰিলে। কোনো কোনো বৰ্ণনাত পোৱা যায় যে, বিবাহ বিচ্ছেদৰ পাছত আশ্ৰয়হীনা ৰমলাহ নিৰুপায় হৈ শাসক নাজ্জাশীৰ দৰবাৰত উপস্থিত হৈ নিৰাপদ আশ্ৰয় প্ৰাৰ্থনা কৰিছিল। কিছুদিনৰ ভিতৰতে আল্লাহই এই সংকটজনক পৰিস্থিতিৰ পৰা তেওঁক উদ্ধাৰ কৰিলে। তেওঁৰ প্ৰাৰ্থনাৰ ফলত শাসক নাজ্জাশীয়ে নবী(ছাঃ)ক অনুৰোধ কৰি পঠালে যে, হাবীবা(ৰাঃ) অগ্নি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পুৰস্কাৰ হিচাপে নবী(ছাঃ)এ যেন তেওঁক স্ত্ৰী হিচাপে গ্ৰহণ কৰে।  ইদ্দত (বিধৱাৰ অপেক্ষাৰ সময়) সম্পূৰ্ণ কৰাৰ পাছত মহম্মদ(ছাঃ)এ বিধৱা, দুৰ্দশাগ্ৰস্ত মহিলা উম্মে হাবীবাৰ ওচৰলৈ  বিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰিলে হাবীবা(ৰাঃ)ই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰাৰ পাছত মহম্মদ(ছাঃ) উপস্থিত নথকা সত্ত্বেও আবিচিনিয়াত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। বিবাহ অনুষ্ঠানত হাবীবা(ৰাঃ)ই ইথিওপিয়া অধিপতি নাজ্জাশী খালিদ ইবনে ছাইদক উকিল নিৰ্ধাৰণ কৰি প্ৰৱাসী মুছলমানসকলক মাতি ৰাছুল(ছাঃ)ৰ লগত শুভবিবাহ সম্পন্ন কৰে। বিবাহত নাজ্জাশী খালিদ ইবনে ছাইদে নিজেই খুৎবা পাঠ কৰিছিল খালিদ ইবনে ছাইদে উম্মে হাবীবা(ৰাঃ)ক ৪০০ দিনাৰ মোহৰানাৰ অৰ্থ প্ৰদান কৰিছিল আৰু  বিবাহ অনুষ্ঠানৰ পাছত বিশাল বিবাহ ভোজৰ আয়োজন কৰিছিল তেওঁ দাস বাৰাৰ জৰিয়তে কইনালৈ কস্তুৰী আৰু এম্বাৰগ্ৰিছ (এম্বাৰ হৈছে তিমিৰ পাচনতন্ত্ৰত উৎপন্ন হোৱা ধূসৰ বা ক'লা ৰঙৰ কঠিন, মোমৰ দৰে, জ্বলনশীল পদাৰ্থ) প্ৰেৰণ কৰিছিল। মহম্মদ(ছাঃ)ৰ  আন কোনো পত্নীক ইয়াতকৈ বেছি যৌতুক দিয়া নাছিল।

            ইয়াৰ পিছত নাজ্জাশী খালিদ ইবনে ছাইদে ত্ৰিশজন অনুপ্ৰৱেশকাৰী মুছলমানক আৰবলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিছিল তেওঁলোকে দুখন নাৱেৰে মদিনালৈ যাত্ৰা কৰিছিল। এই যাত্ৰাত শ্বুৰাহবিল ইবনে হাছানা(আবু আব্দুল্লাহ শ্বুৰাহবিল ইবনে হাছানা  আছিল প্ৰাথমিক পৰ্যায়ত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা মুছলমানসকলৰ ভিতৰত অন্যতম  চাহাবা আৰু মুছলমানসকলে লেভেণ্ট বিজয়ৰ সময়ত তেওঁ ৰাছিডুন সেনাবাহিনীৰ এজন মুখ্য সেনাপতি আছিল)ই ৰমলাহৰ লগত গৈছিল। কিছুমান সূত্ৰৰ মতে, হিজৰতৰ এবছৰৰ পিছত তেওঁ মহম্মদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ছয় বছৰকাল তেওঁ মহম্মদ(ছাঃ)ৰ লগত বৈবাহিক জীৱন অতিবাহিত কৰিছিল বিবাহৰ সময়ত মহম্মদ(ছাঃ)ৰ বয়স ষাঠি বছৰ আৰু উম্মে হাবীবা(ৰাঃ)ৰ বয়স ত্ৰিশ বছৰ আছিল। বিবাহৰ স্থান-কাল সম্পৰ্কে মতভেদ আছে যদিও শুদ্ধতম অভিমত হল, হিজৰী সাত চনত বিবাহ কাৰ্য অনুষ্ঠিত হৈছিল আৰু আবিচিনিয়াৰ শাসক নাজ্জাশীয়ে বিবাহৰ খুৎবা পাঠ কৰিছিল।

            আবু ছুফিয়ানৰ কন্যা উম্মে হাবীবাৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ ফলত বিৰাট কূটনৈতিক বিজয় হৈছিল। এই বিবাহৰ ফলত নবী(ছাঃ)ৰ মহত্ব প্ৰকাশ পোৱাৰ লগতে ৰাজনৈতিক দূৰদৃষ্টি আৰু অনাবিল মানবপ্ৰীতিও প্ৰকাশ পাইছিল। জীৱন বাটৰ প্ৰধানতম শত্ৰুৰ কন্যাক কোনোবাই যে ইমান সহজে বিয়া কৰাব পাৰে সেয়া আছিল এক অনন্য নিদৰ্শনএই বিবাহৰ জৰিয়তে এয়া প্ৰমাণ হৈছিল যে, নবী(ছাঃ)এ কোৰেইছসকলৰ লগত মাথোন আদৰ্শৰহে যুদ্ধ কৰিছিল, তেওঁলোকৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাছিল। এই বিবাহৰ পাছত আবু ছুফিয়ানৰ মনৰ গ্লানি কাটি গৈছিল আৰু প্ৰতিহিংসাৰ তীব্ৰতা হ্ৰাস পাইছিল। হাফিজ গোলাম ছাৰওয়াৰে তেওঁৰ মুহাম্মদ দ্যা হলি প্ৰফেট গ্ৰন্থত উম্মে হাবীবা আৰু মাৰিয়া কিবতিয়াৰ বিবাহ প্ৰসঙ্গ টানি আনি অভিমত প্ৰকাশ কৰিছে, যে এই দুই বিবাহ প্ৰয়োজনৰ খাতিৰতে সম্পন্ন হৈছিল। বিশেষকৈ তেওঁ হাবীবাৰ বিয়া সম্পৰ্কে লিখিছে যে, এই বিবাহৰ অৰ্থ আছিল কোৰেইছসকলৰ ওপৰত বিজয় সাৱ্যস্ত কৰাৰ উপায়। কিয়নো হাবীবা আছিল কোৰেইছসকলৰ দলনেতা আবু ছুফিয়ানৰ কন্যা। এই বিবাহৰ ফলত আবু ছুফিয়ানৰ  শত্ৰুতামূলক আচৰণ স্তিমিত হৈ পৰিছিল। এই বিবাহৰ ফলত প্ৰমাণিত হৈছিল যে, মহম্মদ(ছাঃ) তেওঁলোকৰ শত্ৰু নহয়, বৰং এগৰাকী শুভাকাংক্ষী আৰু এনেকুৱা আত্মীয়ৰ লগত শত্ৰুতা কৰাটো মূৰ্খামীৰ বাহিৰে আন একো নহয়।

            উম্মে হাবীবা(ৰাঃ) ঈমান আৰু ইবাদতৰ ক্ষেত্ৰত খুবেই দৃঢ়চেতা আছিল। নবী(ছাঃ)ৰ বাবে নিবেদিত প্ৰাণ আছিল। হিজৰী সপ্তম চনত উম্মে হাবীবা(ৰাঃ)ৰ পিতা আবু ছুফিয়ান হুদাবিয়াৰ সন্ধিৰ মেয়াদ বৃদ্ধিৰ কাৰণে নবী(ছাঃ)ৰ দৰবাৰত আহিবলৈ মনস্থ কৰিছিল। তেওঁ আৰম্ভণীৰ পৰা ইছলামৰ বিৰোধীতা কৰি আহিছিল।  ইয়াৰ বাবে তেওঁ পোনপটীয়াভাবে নবী(ছাঃ)ৰ দৰবাৰত আহিবলৈ আৰু সন্ধিৰ মেয়াদ বৃদ্ধিৰ বাবে অনুৰোধ কৰিবলৈ দ্বিধাবোধ কৰিছিল। সেয়ে তেওঁ প্ৰথমে কন্যা উম্মে হাবীবাৰ গৃহত উপস্থিত হৈছিল আৰু তেওঁ খাটৰ ওপৰত বহিবলৈ উদ্যত হৈছিল। তেতিয়া উম্মে হাবীবা(ৰাঃ)ই তীক্ষ্ণকণ্ঠত বাধা দি কৈছিল- এই খাটত নবহিব। এই খাটত ৰাছুল্লাহ(ছাঃ)এ উপৱেশন কৰে। মই নিবিচাৰোঁ কোনো অবিশ্বাসী এই খাটত বহক।

            উম্মে হাবীবা(ৰাঃ)ৰ কথা শুনি আবু ছুফিয়ান খাটত বহাৰ পৰা বিৰত থাকিল আৰু মজিয়াত বহি পৰিল। ইয়াৰ পাছত সন্ধিৰ মেয়াদ বৃদ্ধি কৰাৰ কাৰণে কন্যা উম্মে হাবীবা(ৰাঃ)ক নবী(ছাঃ)ক অনুৰোধ কৰিবলৈ কলে।

            উম্মে হাবীবা(ৰাঃ)ই উত্তৰত কলে- হুদাবিয়াৰ সন্ধি ৰাছুল্লাহ(ছাঃ)এ ভঙ্গ কৰা নাই। তেওঁ সন্ধিৰ চৰ্তাৱলী যথাযথভাবে পালন কৰি আছে। আপোনালোকেই সন্ধিৰ চৰ্তাৱলীৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰি আহিছে আৰু বিভিন্ন প্ৰকাৰে সন্ধিৰ চৰ্তাৱলী ভঙ্গ কৰি ৰাছুল্লাহ(ছাঃ)ৰ মৰ্যদাক হেয় প্ৰতিপন্ন কৰি চেষ্টা কৰি আছে। এনেকুৱা অৱস্থাত মই কোনোমতেই ৰাছুল্লাহ(ছাঃ)ৰ দৰবাৰত সন্ধি সংক্ৰান্ত বিষয়ে কোনো চুপাৰিছ কৰিব নোৱাৰোঁ। হয়, আপোনালোকে যদি দলবলে ইছলাম স্বীকাৰ কৰে আৰু ৰাছুল্লাহ(ছাঃ)ৰ লগত বিৰোধিতাৰ মনোভাৱ পৰিহাৰ কৰে, তেনেহলে মই সন্ধিৰ ক্ষেত্ৰত চুপাৰিছ কৰিব পাৰোঁ।(ছিৰাতুন নব, দ্বিতীয় খণ্ড, পৃঃ ৮৫৩)

            উম্মে হাবীবা(ৰাঃ)ৰ কথা শুনি আবু ছুফিয়ান অবাক হৈ গল আৰু তেওঁ নিজ কন্যাৰ দৃঢ়চেতাৰ প্ৰশংসা কৰিলে।  পাছৰ বছৰ হিজৰী অষ্টম চনত মক্কা বিজয়ৰ পাছত আবু ছুফিয়ান আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে ইছলাম গ্ৰহণ কৰি ইছলামৰ সেৱাত আত্মনিয়োগ কৰে।

            হিজৰী ৪৪ চনত(৬৬৪ বা ৬৬৫ খ্ৰীষ্টাব্দ)  উম্মে হাবীবা(ৰাঃ)ই এন্তকাল কৰে। এন্তেকালৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ।  মহম্মদ(ছাঃ)ৰ আন পত্নীসকলৰ কাষত জান্নাত আল-বাকী কবৰস্থানত তেওঁক সমাধিস্থ কৰা হৈছে।

                                                       ছাফিয়া বিন্তে হুইয়াই

            ইহুদী জনগোষ্ঠী বানু নাদিৰৰ প্ৰধান হুইয়াই ইবনে আখতাবৰ গৃহত মদীনাত ছাফিয়াহৰ জন্ম হৈছিল। ছাফিয়াৰ পিতৃ হুইয়াই বিন আখতাব বনু নযিৰ জনগোষ্ঠীৰ চৰ্দাৰ আছিল। ইহুদী গোত্ৰ বনু নযিৰৰ আনুগত্য স্বীকাৰ কৰিছিল। তেওঁৰ মাক বাৰাহ বিন্তে সমৱাল বনু কুৰাইজা জনগোষ্ঠীৰ মহিলা আছিলমাতৃৰ ফালৰ পৰা ছাফিয়া(ৰাঃ)ৰ ককাক আছিল ছামাৱ'ল ইবনে 'আদিয়াআদিয়া প্ৰাক-ইছলামী আৰৱৰ বানু হাৰিথ জনগোষ্ঠীৰ এজন বিখ্যাত ইহুদী কবি আছিল।

            ৬২৫ চনত বানু নাদিৰসকলক মদিনাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ফলত তেওঁৰ পৰিয়ালে মদীনাৰ পৰা ১৫৩ কিলোমিটাৰ দূৰৈৰ অ'এছিছ খয়বৰত বসতি স্থাপন কৰিছিল। ছাফিয়াৰ পিতৃ আৰু ভাতৃয়ে খয়বৰৰ পৰা গৈ  পৰিখা যুদ্ধৰ সময়ত মদীনাত মহম্মদ(ছাঃ)ক ঘেৰাও কৰা মক্কাৰ বেদুইন বাহিনীৰ লগত যোগদান কৰিছিল। মক্কাবাসী আঁতৰি যোৱাৰ পাছত পাছত মহম্মদ(ছাঃ)ৰ দীৰ্ঘদিনীয়া বিৰোধী ছাফিয়াৰ পিতৃক মুছলমানসকলে বন্দী কৰি মৃত্যুদণ্ড দিছিল

                প্ৰথমে এজন বিখ্যাত ইহুদী ব্যক্তিত্ব ছালাম বিন মশকম আলকাৰজীৰ লগত ছাফিয়া বিবাহপাশত আৱদ্ধ হৈছিল। উভয়ৰ মানিসকতা বেলেগ হোৱাৰ কাৰণে এই বিবাহ বেছিদিন স্থায়ী হোৱা নাছিল। অৰ্থা উভয়ৰ বিবাহ বিচ্ছেদ হৈছিল। ইয়াৰ পাছত তেওঁ ৬২৭ বা ৬২৮ চনৰ আৰম্ভণিতে খয়বৰৰ প্ৰসিদ্ধ নেতা আবু ৰাকৰ ভাতিজা তথা খয়বৰ দূৰ্গৰ অন্যতম শক্তিশালী শাসনকৰ্তা কেনানা বিন আবু হাকিকৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ স্বামী বনু কুৰাইজা গোত্ৰৰ লোক আছিল। তেতিয়া ছাফিয়াৰ বয়স আছিল ১৭ বছৰ। মুছলমান সূত্ৰই দাবী কৰা মতে, ছাফিয়াই কেনানাক তেওঁৰ এটা সপোনৰ বিষয়ে অৱগত কৰিছিল, ত আকাশৰ পৰা চন্দ্ৰ সৰি আহি তেওঁৰ কোলাত পৰিছিল। কেনানাই ইয়াক মহম্মদ(ছাঃ)ক বিয়া কৰাবলৈ ইচ্ছা থকা বুলি ব্যাখ্যা কৰিছিল আৰু তেওঁৰ মুখত আঘাত কৰিছিল যাৰ ফলত তেওঁৰ মুখত এটা চিন ৰৈ গৈছিল, যিটো তেওঁ প্ৰথমবাৰৰ বাবে মহম্মদ(ছাঃ)ৰ সংস্পৰ্শলৈ অহাৰ সময়তো দেখা গৈছিল

            সপ্তম হিজৰী ইছলামী ইতিহাসৰ স্মৰণীয় বছৰ। এই সময়ছোৱা ছাফিয়াৰ জীৱনৰ সুখ-দুখৰ জড়িত।। ইছলামী ৰাষ্ট্ৰৰ উত্তৰ-পশ্চিম সীমান্তত অৱস্থিত খয়বৰ ইহুদীসকলৰ বৰ্ধিষ্ণু জনপদ আছিল খয়বৰৰ ইহুদীসকল সমগ্ৰ আৰৱত সামৰিক দক্ষতাৰ কাৰণে বিখ্যাত আছিল। সিহঁতৰ দখলত কেবাটাও দূৰ্গ আছিল। খয়বৰ অঞ্চলত বসবাস কৰা বনি নযিৰ আৰু বনু কোৰায়জা গোত্ৰৰ ইহুদীসকল প্ৰথমৰ পৰাই ইছলামী ৰাষ্ট্ৰৰ বিৰোধী আছিল। তওৰাতৰ ভৱিষ্যত বাণী অনুসৰি নবীৰ আগমনৰ কাৰণে ইহুদী বিশ্ব বছৰৰ পাছত বছৰ ধৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। সেই নবী(ছাঃ)এ যেতিয়া আৰৱৰ হেৰা পৰ্বতৰ গুহাৰ পৰা আত্মপ্ৰকাশ কৰিলে তেতিয়া তেওঁলোকে বিৰোধীতা কৰিবলৈ ধৰিলে। এটা সময়ত বনু নযিৰ আৰু বনু কোৰায়জা গোত্ৰৰ লোকসকল সামৰিক শক্তিৰ দ্বাৰা ইছলামী ৰাষ্ট্ৰক পৃথিৱীৰ বুকুৰ পৰা মচি পেলাবলৈ ষড়যন্ত্ৰত লিপ্ত হল। সিহঁতে নিজৰ শক্তি বৃদ্ধিৰ কাৰণে বনু গোফতান আৰু বনু আছাদক সিহঁতৰ দলত চামিল কৰিলে। ইছলামী ৰাষ্ট্ৰ পৰাজিত হলে সিহঁতক মদীনাৰ অৰ্ধেক খেজুৰৰ বাগান দিয়াৰ কাৰণে প্ৰতিশ্ৰুতিৱদ্ধ হ ফলত বনু গোফতান আৰু বনু আছাদ গোত্ৰ সিহঁতৰ লগত যোগদান কৰি যুদ্ধ কৰিবলৈ সন্মত হল।

            নবী(ছাঃ)এ গোয়েন্দা বিভাগৰ দ্বাৰা ইহুদীসকলৰ এই ষড়যন্ত্ৰৰ বিষয়ে অৱগত হল। গতিকে নবী(ছাঃ)এ কালবিলম্ব নকৰি চৌধ্যশ চাহাবী লগত লৈ খয়বৰৰ উদ্দেশ্যে অগ্ৰসৰ হল। বিশ্বাসঘাতক আবদুল্লাহ বিন উবাই মুছলমানসকলৰ এই যাত্ৰাৰ বিষয়ে ইহুদীসকলক অৱগত কৰিলে। ফলত মুছলমানকল খয়বৰ প্ৰান্তৰত উপনীত হোৱাৰ আগতেই সিহঁতে মুছলমানসকলৰ মোকাবিলা কৰাৰ কাৰণে খয়বৰ প্ৰান্তৰত উপস্থিত হৈ মুছলমানসকলৰ আগমনলৈ অপেক্ষা কৰি আছিল। কিন্তু মুছলমানসকলৰ উপস্থিতিত সিহঁতৰ মনত ভীতি সঞ্চাৰ কৰিলে। ফলত সিহঁতে সন্মুখ সমৰত অৱতীৰ্ণ নহৈ দূৰ্গৰ ভিতৰত অৱস্থান গ্ৰহণ কৰি দূৰ্গৰ অভ্যন্তৰৰ পৰা তীৰ নিক্ষেপ কৰিবলৈ ধৰিলে। ইয়াৰ মাজতে মুছলমানসকলে সিহঁতৰ তিনিটা দূৰ্গ দখল কৰিলে। কিন্তু ছাফিয়াৰ স্বামীৰ তত্বাৱধানত থকা কামুস দূৰ্গ দখল কৰাটো মুছলমানসকলৰ পক্ষে অসম্ভৱ হৈ পৰিল। অৱশেযত আবু তালিব(ৰাঃ)ই অশেষ কষ্ট কৰি এই দূৰ্গ দখল কৰিলে। এই যুদ্ধত ৯৩ জন ইহুদী মৃত্যুমুখত পৰিছিল আৰু মুছলমানসকলৰ ১৩ জন চাহাবী ছহিদ হৈছিল। ছাফিয়াৰ লগতে অন্যান্য ইহুদী মহিলা মুছলমানসকলৰ হাতত বন্দি হৈছিল।

            গণিমতৰ মাল বন্টনৰ সময়ত চাহাবী ওহিয়া কালবী(ৰাঃ)য়ে তেওঁৰ নিজেৰ কাৰণে ছাফিয়াক পছন্দ কৰিলে আৰু নবী(ছাঃ)ৰ সন্মতিও আদায় কৰিলে। কিন্তু উপস্থিত চাহাবীসকলে ছাফিয়াৰ বংশ মৰ্যদাৰ প্ৰতি লক্ষ্য কৰি ওহিয়া কালবীক ছাফিয়াৰ কাৰণে উপযুক্ত বুলি বিবেচনা নকৰিলে। বৰং তেওঁলোকে নবী(ছাঃ)ৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰিলে। তেওঁলোকৰ অনুৰোধ মৰ্মে নবী(ছাঃ)এ ছাফিয়াক গ্ৰহণ কৰি ছাফিয়াৰ পৰিৱৰ্তে ওহিয়া কালবীক বেলেগ এজনী ছোৱালী দিলে।

            নবী(ছাঃ)এ ছাফিয়াক গ্ৰহণ কৰাৰ পাছত তেওঁক আজাদ কৰি দিলে আৰু কলে যে, তেওঁ ইচ্ছা কৰিলে নিজৰ আত্মীয়-স্বজনৰ ওচৰলৈ উভতি যাব পাৰে, নহলে নবী(ছাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হব পাৰে। তেতিয়া ছাফিয়াই নবী(ছাঃ)ৰ জীৱন সঙ্গিনী হোৱাৰ সিদ্ধান্ত ললে। ছাফিয়াৰ সন্মতি সাপেক্ষে চাহবা নামক স্থানত এই ঐতিহাসিক বিবাহ সম্পন্ন হৈছিল আৰু ওলিমাৰ ভোজভাতৰো ব্যৱস্থা কৰা হৈছিলমদীনাৰ ফালে ৰাওয়ানা হোৱাৰ সময় নবী(ছাঃ)এ নিজৰ উটটোতে ছাফিয়া(ৰাঃ)ক তুলি দিছিল আৰু তেওঁৰ নিজৰ বস্ত্ৰদ্বাৰা পৰ্দাৰ ব্যৱস্থা কৰি দিছিল।

            নবী(ছাঃ)ৰ মন জয় কৰাৰ কাৰণে ছাফিয়া(ৰাঃ)ই সৰ্বদা চেষ্টা কৰিছিল। নবী(ছাঃ) তেওঁৰ প্ৰতি সামান্য অসন্তুষ্ট হলেও তেওঁ খুব ব্যথিত হৈছিল। তেওঁ নবী(ছাঃ)ক খুবেই ভাল পাইছিল। স্বয়ং নবী(ছাঃ)য়েও এই বিষয়ে সাক্ষ্যদান কৰিছে। নবী(ছাঃ) তেতিয়া অন্তিম শয্যাত শায়িত আছিল আৰু তেওঁ মৃত্যু যন্ত্ৰণাত ছটফট কৰি আছিল। সহধৰ্মিনীবৃন্দই নবী(ছাঃ)ক ঘেৰি বহি আছিল। নবী(ছাঃ)ৰ অস্থিৰতা প্ৰত্যক্ষ কৰি ছাফিয়া(ৰাঃ)ই কলে- ইয়া ৰাছুল্লাহ, আফচোচ! আপোনাৰ অসুস্থতা যদি মই লব পাৰিলোহেঁতেন। তেওঁৰ কথা শুনি অন্যান্য সহধৰ্মিনীসকলে ইজনে সিজনৰ মুখলৈ চালে। তেতিয়া নবী(ছাঃ)এ কলে- আল্লাহৰ শপত, তেওঁ এই কথা অন্তৰৰ পৰা কৈছে। অৰ্থাৎ এই কথাৰ দ্বাৰা নবী(ছাঃ)এ বুজাব বিচাৰিলে যে, ছাফিয়াৰ ভালপোৱাৰ দাবী মাথোন মৌখিক নহয়, বৰং তেওঁৰ অন্তৰৰ অন্তস্থলৰ পৰা এই কথা কৈছে।

            ছাফিয়া(ৰাঃ) অত্যন্ত জ্ঞানী আছিল। কুফাৰ মহিলাসকলে বিভিন্ন বিষয়ে জানিবলৈ তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ নবী(ছাঃ)ৰ বংশৰ প্ৰতি খুবেই সহানুভূতিশীল আছিল।

            ছাফিয়া(ৰাঃ)ই হিজৰী ৫০ চনত(৬৭০ বা ৬৭২ চনত) প্ৰথম মুয়াবিয়াৰ শাসনকালত এন্তেকাল কৰিছে। এন্তেকালৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ। এন্তেকালৰ পাছত তেওঁক জান্নাত আল-বাকী কবৰস্থানত সমাধিস্থ কৰা হৈছে।

            এন্তেকালৰ সময় ছাফিয়া(ৰাঃ)ই এক লাখ দিৰহামৰ বাগিচা এৰি থৈ গৈছিল, তাৰে এক তৃতীয়াংশ ইহুদী ধৰ্ম অনুসৰণ কৰা তেওঁৰ ভনীয়েকৰ পুতেকক উইল কৰি দিছিল। তেওঁৰ ভাগিনীয়েক ইহুদী আছিল কাৰণে উইল অনুসৰি টকা দিবলৈ মানুহে টালবাহানা কৰিছিল। উন্মুল মোমেনীন আয়েসা(ৰাঃ)ই এই খবৰ পাই সাৱধান কৰি দিছিল যে, আল্লাহৰ ভয় কৰা আৰু ছাফিয়াৰ অচিয়ত পূৰণ কৰা। অৱশেষত তেওঁৰ ইচ্ছা পূৰণ কৰা হৈছিল। মদীনাত থকা তেওঁৰ বাসগৃহটো মুয়াবিয়াই ১ লাখ ৮০ হাজাৰ দিৰহামত কিনিছিল।

            বিভিন্ন জীৱনীকাৰসকলে ছাফিয়া(ৰাঃ)ৰ প্ৰশংসা কৰিছে। ইবনে কাসিৰে কৈছে, তেওঁ অসাধাৰণ বুদ্ধিমতী মহিলা আছিল। আল্লামা ইবনে আবুল একবাৰে লিখিছে, ছাফিয়া(ৰাঃ) প্ৰজ্ঞাৱান মৰ্যদাৰ অধিকাৰিণী আৰু ধৈৰ্যশীলা আছিল।

 

                                                                মায়মুনা বিনতে হাৰিছ

                মায়মুনা বিন্তে আল-হাৰিছৰ জন্ম ৫৯৪ চনত মক্কা নগৰীত। তেওঁ মহম্মদ(ছাঃ)ৰ একাদশ পত্নী। তেওঁ প্ৰথম জীৱনত বাৰৰা নামে পৰিচিত আছিল। মহম্মদ(ছাঃ)ৰ লগত পৰিণয়সূত্ৰে আৱদ্ধ হোৱাৰ সময়ত তেওঁৰ নাম সলনি কৰি মায়মুনা ৰখা হৈছিল তেওঁৰ পিতাৰ নাম আছিল হাৰিছ বিন হাজন। হাৰিছ মক্কাৰ হিলালী জনগোষ্ঠীৰ লোক আছিল। তেওঁৰ মাতৃৰ নাম আছিল হিন্দ বিন্তে আৱফ বিন জুহায়েৰতেওঁ য়েমেনৰ হোমায়েৰ গোত্ৰৰ মহিলা আছিল। মায়মুনা (ৰাঃ)ৰ তিনিগৰাকী বিখ্যাত ভনীয়েক আছিল আৰু ইছলামিক ইতিহাসৰ তিনিগৰাকী বিখ্যাত ব্যক্তিৰ লগত বিয়া হৈছিল। তেওঁলোকৰ এগৰাকী উম্মুল কদল লাবিবাতুল কুবৰাৰ বিয়া হৈছিল নবী(ছাঃ)ৰ প্ৰিয় খুড়াক আব্বাছৰ লগত, দ্বিতীয়গৰাকী ভনীয়েক ছালমা(ৰাঃ)ৰ নিকাহ হৈছিল নবী(ছাঃ)ৰ খুড়াক আমিৰ হামজাহৰ লগত, তৃতীয়গৰাকী ভনীয়েক(মাতৃ এগৰাকী পিতা বেলেগ)আচমা বিন্তে উমাইয়াৰ বিয়া হৈছিল আবু তালিবৰ পুত্ৰ জাফৰ তাইয়াৰ লগত। মায়মুনা আৰু তেওঁৰ তিনিগৰাকী ভনীক নবী(ছাঃ)এ মুমিনা চতুৰ্থয়া বুলি আখ্যায়িত কৰিছিল। 

            বিবাহ- মায়মুনা(ৰাঃ)ৰ তেওঁৰ প্ৰথম বিবাহ অনুষ্ঠিত হৈছিল আমৰ বিন ছাকাফীৰ পুত্ৰ মাছুদৰ লগত। প্ৰথমাৱস্থাত স্বামী-স্ত্ৰীৰ মাজত দাম্পত্য জীৱন প্ৰীতিপূৰ্ণ আছিল যদিও পাছত পৰস্পৰৰ লগত মনোমালিন্য হয়। ফলত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পাছত আবু ৰাহাম বিন আব্দুল উজ্জাৰ লগত দ্বিতীয় বিবাহ অনুষ্ঠিত হয়। বিয়াৰ কিছুদিন পাছতে ৰাহাম কঠিন ৰোগত আক্ৰান্ত হৈ হিজৰী ৭ চনত এন্তেকাল কৰেফলত মায়মুনা স্থায়ীভাবে পিতৃগৃহলৈ গুচি আহে। দুবাৰ স্বামী হেৰুৱাৰ ফলত তেওঁৰ বেদনাপূৰ্ণ জীৱন আৰু অধিক বেদনাৰ্ত হৈ উঠে। মায়মুনা নবী(ছাঃ)ৰ খুড়াক হজৰত আব্বাছ(ৰাঃ)ৰ খুলশালী আছিল। তেওঁৰ নিদাৰুন বেদনা উপলব্ধি কৰি হজৰত আব্বাছ(ৰাঃ)ই তেওঁৰ বিবাহৰ বাবে তৎপৰ হৈ উঠে মায়মুনা(ৰাঃ)ৰ চাৰিত্ৰিক গুণাৱলীৰ কাৰণে নবী(ছাঃ)ৰ খুড়াক হজৰত আব্বাছে খুব সন্মান কৰিছিল। সেয়ে খুড়াকে নবী(ছাঃ)ক উপযুক্ত পাত্ৰ ধাৰণা কৰি বিয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰে।

            নবী(ছাঃ)এ সেই প্ৰস্তাৱত সন্মতি জনায়। সপ্তম হিজৰীৰ শাওয়াল মাহত  (ইং ৬২৯ চনত) মহম্মদ(ছাঃ)ৰ লগত মায়মুনা(ৰাঃ)ৰ বিবাহ অনুষ্ঠিত হয়। নবী(ছাঃ) তেতিয়া ওমৰাহ কৰাৰ কাৰণে এহৰাম অৱস্থাত আছিল। এহৰামৰ পৰা মুক্ত হোৱাৰ পাছত মক্কাৰ পৰা দহ মাইল (১৬ কিলোমিটাৰ)আঁতৰৰ সাৰফ নামক স্থানত দাওয়াতে ওলিমা(ভোজভাত) অনুষ্ঠিত হয়। নবী(ছাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত মায়মুনা(ৰাঃ)ৰ বয়স আছিল ৩০ বছৰ। ৬৩২ চনত নবী(ছাঃ)ৰ মৃত্যুৰ আগলৈকে মায়মুনাই তিনি বছৰ কাল মহম্মদ(ছাঃ)ৰ লগত দাম্পত্য জীৱন যাপন কৰিছিল বিয়াত চাৰিশত দিৰহাম মোহৰানা ধাৰ্য কৰা হৈছিল। এই বিবাহেই আছিল নবী(ছাঃ)ৰ জীৱনৰ অন্তিম বিবাহ।

     মহানবী(ছাঃ)আৰু মায়মুনা(ৰাঃ)ৰ মাজত বিবাহ অনুষ্ঠিত হোৱাৰ পাছত পৰোক্ষভাবে ইছলামৰ মহান বিজয় সূচিত হৈছিল।এই বিবাহৰ ফলত মহাবীৰ খালিদ নবী(ছাঃ)ৰ নিকটাত্মীয়ত পৰিণত হৈছিল। মাৰ্টিন লিঙ্গসে লিখিছে- এই বিবাহে শত্ৰুৰ লগত এক অলৌকিক সম্পৰ্ক স্থাপন হোৱাত সহায় কৰিছিল।

            নবী(ছাঃ)ৰ লগত মায়মুনা(ৰাঃ)ৰ বিবাহ সম্পন্ন হোৱাৰ পাছত কোৰেইছসকলৰ মাজৰ পৰা বিৰোধ কৰাৰ কোনো ডাঙৰ পক্ষই নাছিল। ইয়াতেই আছিল এই বিবাহৰ সাফল্য। বীৰ খালিদ আছিল মায়মুনা(ৰাঃ)ৰ নিজৰ ভনীয়েকৰ পুত্ৰ। খালিদৰ অসাধাৰণ বীৰত্ব আৰু ৰণ চাতুৰ্যৰ কাৰণেই ওহুদৰ যুদ্ধত মুছলমানসকলৰ বিপৰ্যয় হৈছিল। মায়মুনা(ৰাঃ)ৰ লগত বিবাহ অনুষ্ঠিত হোৱাৰ পাছতেই খালিদে অপ্ৰত্যাশিতভাবে মদিনালৈ গৈ নবী(ছাঃ)লগত হাত মিলাই ইছলাম গ্ৰহণ কৰিছিল। খালিদৰ লগতে মক্কাৰ প্ৰখ্যাত কবি আমৰ ইবনুল আস আৰু কাবাগৃহৰ ৰক্ষক ওচমান বিন তালহায়ো ইছলাম গ্ৰহণ কৰিছিলএই তিনিগৰাকী শক্তিমান পুৰুষে ইছলাম গ্ৰহণৰ ফলত কোৰেইছসকলৰ মেৰুদণ্ড একেবাৰে ভাঙি গৈছিল।

            উম্মুল মোমেনীন মায়মুনা(ৰাঃ) বহু দুৰ্লভ গুণৰ অধিকাৰী আছিল। আল্লাহৰ প্ৰতি তেওঁৰ প্ৰৱল ভয় আছিল। তেওঁৰ জীৱনৰ প্ৰতিটো কামতে ইয়াৰ প্ৰতিফলন ঘটিছিল। আয়েসা(ৰাঃ)ই মায়মুনা(ৰাঃ)ৰ সম্পৰ্কে মন্তব্য কৰিছে, আমালোকৰ মাজৰ পৰা মায়মুনাৰে আটাইতকৈ বেছি আল্লাহ ভীতি আছিল আৰু আত্মীয়তাৰ সম্পৰ্কৰ প্ৰতি তেওঁ অধিক নিষ্ঠাবান আছিল।

            কোৰআনৰ আলোকত তেওঁৰ জীৱন উদ্ভাসিত আছিল। নবী(ছাঃ)ৰ সংস্পৰ্শলৈ আহি দ্বীন সম্পৰ্কে তেওঁৰ সঠিক ধাৰণা সৃষ্টি হৈছিল। ইছলামৰ অন্তৰ্নিহিত ভাৱধাৰাৰ লগত তেওঁৰ পৰিচয় খুব গাঢ় আছিল। তেওঁ যি কোনো সমস্যা সঠিকভাবে সমাধান কৰিব পাৰিছিল। এবাৰ মদীনাৰ এগৰাকী মহিলা কঠিন ৰোগত আক্ৰান্ত হৈছিল। তেওঁ মানস কৰিছিল যে, যদি আল্লাহই তাইক সুস্থ কৰি তোলে, তেনেহলে বায়তুল মোকাদ্দেছত নামাজ পঢ়িব। আল্লাহৰ কৃপাত তাই সুস্থ হৈ উঠিল। তাইৰ মানস পূৰণ কৰাৰ কাৰণে তাই বায়তুল মোকাদ্দেছলৈ যোৱাৰ বাবে প্ৰস্তুতি চলালে। যাত্ৰাৰ আগমুহূৰ্তত তাই মায়মুনা(ৰাঃ)ৰ ওচৰলৈ আহিল। তাই মায়মুনা(ৰাঃ)ৰ ওচৰত যাত্ৰাৰ উদ্দেশ্য বৰ্ণনা কৰিলে। তাইৰ বক্তব্য শুনাৰ পাছত মায়মুনা(ৰাঃ)ই বায়তুল মোকাদ্দেছলৈ যাবলৈ বাৰণ কৰিলে। অজ্ঞতাৰ কাৰণে সাধাৰণ মানুহে যি ভুল কৰে মায়মুনা(ৰাঃ)ই সেই ভুল ভাঙি দিলে। মায়মুনাই তাইক বুজালে যে, বেলেগ কোনো স্থানত দোয়া-দৰুদ পাঠ কৰাতকৈ হাজাৰ গুণ বেছি নেকী পোৱা যায় মছজিদে নববীত দোয়া দৰুদ পাঠ আৰু নামাজ পঢ়িলে। 

            নবী(ছাঃ)এ তেওঁৰ প্ৰিয় স্ত্ৰীসকলৰ দানশীলতা খুব পচন্দ কৰিছিল। এবাৰ মায়মুনা(ৰাঃ)ই তেওঁৰ এজনী দাসীক মুক্ত কৰি দিছিল। এই কাৰ্যত নবী(ছাঃ)খুবেই সন্তুষ্ট হৈছিল আৰু কৈছিল আল্লাহই নিশ্চয় তোমাক ইয়াৰ প্ৰতিদান দিব। দান-খয়ৰাতৰ ক্ষেত্ৰত মায়মুনা(ৰাঃ)ৰ হাত খুবেই প্ৰশস্ত আছিল। কোনো কোনো সময়ত ঋণ কৰি হলেও তেওঁ দুখীয়া মানুহক সাহায্য কৰিছিল। ইয়াৰ বাবে তেওঁ খুব ঋণ গ্ৰহণ কৰিছিল। কোনো এজন ব্যক্তিয়ে তেওঁক সুধিছিল- হে উম্মুল মোমেনীন, ইমান বিৰাট ঋণ আপুনি কেনেকৈ পৰিশোধ কৰিব? তেতিয়া তেওঁ উত্তৰত কৈছিল- মই আল্লাহৰ ৰাছুল(ছাঃ)ক কোৱা শুনিছোঁ যে, যি ব্যক্তিয়ে ঋণ পৰিশোধ কৰাৰ নিয়ত ৰাখে, আল্লাহই তাৰ ঋণ পৰিশোধ কৰাৰ উপায় কৰি দিয়ে।

            মায়মুনা(ৰাঃ)ই নবী(ছাঃ)ৰ পৰা ৭৬ টা হাদীছ বৰ্ণনা কৰিছিল। কোনো কোনো বৰ্ণনাত ৪৬ টা হাদীছৰ কথা কোৱা হৈছে। তেওঁৰ বৰ্ণিত ৭ টা হাদীছ বুখাৰী আৰু মুছলিম শ্বৰিফ উভয় গ্ৰন্থতে উল্লেখিত আছে।

            পৰৱৰ্তী কালত মায়মুনা(ৰাঃ) বিবাহ অনুষ্ঠিত হোৱা সাৰফ নামক স্থানতে ৬৭১ (৫১ হিজৰী)চনৰ জানুৱাৰী মাহত এন্তেকাল কৰেহজৰত আব্দুল্লাহ বিন আব্বাছ(ৰাঃ)এ তেওঁৰ জানাযাৰ নামাজত ঈমামতি কৰিছিল আৰু তেৱেঁ মৃতদেহ কবৰত নমাইছিল। তেওঁৰ মৃতদেহ বহন কৰাৰ সময়ত হজৰত আব্দুল্লাহ বিন আব্বাছ(ৰাঃ)ই কৈছিল, সাৱধান, এয়া উম্মুল মোমেনীনৰ মৃতদেহ। বেয়াদবী নকৰিবা।এনেকি তোমালোকে লৰচৰো নকৰিবা। খুব যত্নসহকাৰে বহন কৰা।(ছিৰাতুন্নবী ২য় খণ্ড, পৃঃ ৮৬০) তেওঁৰ মৃত্যুৰ তাৰিখ অৱশ্যে বিতৰ্কিত। আল-তাবাৰীৰ মতে: "ময়মুনাৰ মৃত্যু হৈছিল ৬১ হিজৰী (৬৮০৬৮১ খ্ৰীষ্টাব্দ)ত ইয়াজিদ- প্ৰথমৰ খিলাফতৰ সময়ত। নবী(ছাঃ)ৰ পত্নীসকলৰ ভিতৰত তেওঁৰ একেবাৰে শেষত মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বা ৮১ বছৰ।" কিন্তু আল-তাবাৰীয়ে আন এঠাইত দাবী কৰিছে যে, মায়মুনাতকৈ উম্মে চালমা বেছি দিন জীয়াই আছিল।

            ইবনে হাজৰে এটা পৰম্পৰাৰ উদাহৰণ উল্লেখ কৰিছে যে, মায়মুনা আয়েসা(ৰাঃ)ৰ পূৰ্বে মৃত্যুবৰণ কৰিছিল: আয়েসা(ৰাঃ)ই কলে- "আমি মদিনাৰ দেৱালৰ কাষত থিয় হৈ বাহিৰলৈ চাই আছিলো... 'আল্লাহৰ কচম! মায়মুনা আৰু নাই! আমাৰ সকলোৰে ভিতৰত তেওঁ আটাইতকৈ ধৰ্মপৰায়ণ আৰু আত্মীয়ৰ প্ৰতি অধিক নিষ্ঠাবান আছিল।'

                                                       ৰায়হানা বিন্তে ছামাউন

            ৰায়হানা বিন্তে ছামাউন মদীনাৰ ইহুদীসকলৰ বনু নাদিৰ গোত্ৰৰ মহিলা আছিল। তেওঁৰ পিতাকৰ নাম ছামাউন বিন যায়েদ। ছামাউন বানু নাদিৰ গোত্ৰৰ এজন ইহুদী আছিল। বিবাহৰ জৰিয়তে তেওঁ আন এটা স্থানীয় ইহুদী জনগোষ্ঠী বানু কুৰাইজাৰ লগতো জড়িত আছিল। বানু কুৰাইজা মদীনাত বাস কৰা ইহুদী জনগোষ্ঠী আছিল আৰু তেওঁলোকে মুছলমানৰ সৈতে সাপেক্ষে মিত্ৰতা কৰিছিল। বানু কোৰেইজাই হজৰত মহম্মদ(ছাঃ)ৰ লগত কৰা চুক্তি উলংঘা কৰি মুছলিমৰ বিৰুদ্ধে আহজাবৰ যুদ্ধত মুশ্বৰিক সকলৰ লগত সহযোগিতা কৰাৰ ফলত এই যুদ্ধৰ সৃষ্টি হৈছিল।  ৬২৭ চনত মুছলমানসকলে ২৫ দিন ধৰি বানু কোৰেইজাক অৱৰোধ কৰি ৰাখিছিল। এই অৱৰোধৰ সময়ত স্বামীৰ মৃত্যু হোৱাত বিধৱা ৰায়হানা বিন্তে ছামাউনক মুছলমানসকলে বন্দী কৰি লৈ গৈছিল আৰু পৰৱৰ্তী সময়ত মহম্মদৰ সেৱিকা হিচাপে ৰখা হৈছিল। যদিও কিছুমান মুছলমানে তেওঁক মহম্মদ(ছাঃ)ৰ পত্নী বুলি গণ্য কৰে। তেওঁলোকৰ সম্পৰ্কই কোনো সন্তান জন্ম নিদিলে আৰু ৬৩১ চনত মদিনাত ৰায়হানাহৰ মৃত্যুৰ লগে লগে এই সম্পৰ্কৰ অন্ত পৰে।

            নৱম শতিকাৰ আৰব ইতিহাসবিদ ইবনে ছাদে লিখিছে যে, ৰায়হানাই ইহুদী ধৰ্মৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে মহম্মদ(ছাঃ)ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। একাদশ শতিকাৰ পাৰ্চী ধৰ্ম পণ্ডিত আবু ইছহাক আল থালাবীয়ে ৰায়হানা(ৰাঃ)মহম্মদ(ছাঃ)ৰ এগৰাকী পত্নী হোৱাৰ কথাত সন্মতি প্ৰকাশ কৰিছে আৰু নবী(ছাঃ)এ মোহৰানা আদায় দিয়াৰ প্ৰমাণো দাঙি ধৰিছে১৫ শতিকাৰ ইজিপ্তৰ ধৰ্মীয় পণ্ডিত ইবনে হাজাৰে তেওঁলোকৰ বিবাহৰ পাছত মহম্মদ(ছাঃ)এ ৰায়হানাক গৃহ দিয়াৰ কথা উল্লেখ কৰিছে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এণ্টনি ৱেছেলছে মহম্মদ(ছাঃ)এ ৰাজনৈতিক কাৰণত ৰায়হানাক বিয়া কৰাইছিল বুলি মত প্ৰকাশ কৰিছে। আনহাতে ব্ৰিটিছ-আমেৰিকান লেখক লেছলি হেজলেটনে মহম্মদ(ছাঃ)এ মিত্ৰতা সৃষ্টি কৰাৰ কাৰণে এই বিয়া অনুষ্ঠিত কৰিছিল বুলি অনুভৱ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতীয় ধৰ্মীয় পণ্ডিত বৰকত আহমেদে ৰায়হানাহ আৰু মহম্মদ(ছাঃ)ৰ বিবাহক সমৰ্থন কৰিবলৈ এনে যুক্তি "অৰ্থহীন" বুলি ভাবিছে, কাৰণ দুয়োটা ইহুদী জনগোষ্ঠীকে তালমুদি(তালমুদ আইন হৈছে ইহুদী ধৰ্মীয় আইন ব্যৱস্থা যি তালমুদ আৰু মিছনাহৰ ঋষিৰ আইনী কাঠামোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তালমুদ হৈছে আইন, দৰ্শন আৰু বাইবেলৰ ব্যাখ্যাৰ বিষয়ে ৰাব্বিসকলৰ বিতৰ্কৰ ৰেকৰ্ড আৰু ইয়াক প্ৰজন্ম প্ৰজন্মৰ বিতৰ্কৰ পৰা সংকলিত কৰা হৈছে। "তালমুদ" শব্দটো চেমিটিক মূল LMD ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অধ্যয়ন কৰা"।)ক আইন অনুসৰি প্ৰাথমিক মুছলমানসকলৰ প্ৰতি কৰা কথিত বিশ্বাসঘাতকতাৰ পাছত মচি পেলোৱা হৈছিল।

                এক বৰ্ণনাত কোৱা হৈছে, যুদ্ধ বন্দিনী হিচাপে ৰায়হানা(ৰাঃ)ক নবী(ছাঃ)ৰ ওচৰলৈ অনাৰ পাছত তেওঁক ইছলাম গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনোৱা হয় আৰু কোৱা হয় যে, তেওঁ ইছলাম কবুল কৰিলে নবী(ছাঃ)এ তেওঁক নিজৰ কাৰণে নিৰ্ধাৰিত কৰিব। প্ৰতি উত্তৰত তেওঁ নিষ্ঠা আৰু আন্তৰিকতা সহকাৰে আল্লাহ আৰু নবী(ছাঃ)ৰ প্ৰতি বিশ্বাস স্থাপন কৰাৰ কথা কয়। ইয়াৰ পাছত নবী(ছাঃ)এ তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু তেওঁ স্ত্ৰীৰ পৰিৱৰ্তে সেৱিকা হিচাপে নবী(ছাঃ)ৰ খেতদমত কৰিবলৈ সন্মত হয়। তেওঁ কয় যে, নবী(ছাঃ)ৰ সেৱিকা হিচাপে থাকিলে পাৰস্পৰিক দায়িত্ব লঘূ হব।

            ৰায়হানা(ৰাঃ) উত্তম চৰিত্ৰৰ অধিকাৰী আছিল। নবী(ছাঃ)এ তেওঁক খুব ভাল পাইছিল আৰু পূৰ্ণ মৰ্যদাসহকাৰে তেওঁক স্বতন্ত্ৰ বাসস্থানত ৰাখিছিল। অন্যান্য স্ত্ৰীসকলৰ দৰে ৰায়হানা(ৰাঃ)ৰ কাৰণে নবী(ছাঃ)ৰ নিদিৰ্ষ্ট সময় নিৰ্ধাৰিত আছিল। নবী(ছাঃ)ৰ এন্তেকালৰ কেবা মাহ আগতে তেওঁ এন্তেকাল কৰিছিল

            হজ পালনৰ এঘাৰ দিন পাছত আৰু মহম্মদ(ছাঃ)ৰ এন্তেকালৰ এবছৰ আগতে ৬৩১ চনত মদীনাত ৰায়হানাহ(ৰাঃ)ৰ এন্তেকাল হয়। মহম্মদৰ আহলে বায়তৰ আন সদস্যসকলৰ দৰেই তেওঁকো মদীনা চহৰৰ আল-বাকী কবৰস্থানত সমাধিস্থ কৰা হৈছে

                                                  

                         হজৰত মাৰিয়া কিবতিয়া(ৰাঃ)

            মাৰিয়া বিন্তে শ্বামুন মিচৰীয় মহিলা আছিল ভগ্নী ছিৰিন বিন্তে শ্বামনৰ সৈতে তেওঁক ৬২৮ চনত মিছৰৰ ৰোমান শাসক মুকাকিউচে উপঢৌকন হিচাপে নবী(ছাঃ)ক প্ৰেৰণ কৰিছিল।

            নবী(ছাঃ)এ ইছলাম গ্ৰহণৰ কাৰণে আহ্বান জনাই ইছলামিক বৰ্ষ ৭ হিজৰী (৬২৭ ৬২৮ খ্ৰীষ্টাব্দ)ত মুকাকিউচলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। মুকাকিউচে নবী(ছাঃ)ৰ আহ্বানত সহাঁৰি জনাইছিল যদিও প্ৰকাশ্যে ইছলাম গ্ৰহণ কৰিবলৈ অক্ষম আছিল। সেয়ে তেওঁ অতি বিনম্ৰতাসহকাৰে পত্ৰ উত্তৰ প্ৰদান কৰিছিল আৰু বশ্যতা স্বীকাৰৰ নিদৰ্শন হিচাপে নবী(ছাঃ)ৰ ওচৰলৈ প্ৰাচীন প্ৰথা অনুসৰি মাৰিয়া আৰু শিৰিন নামৰ দুগৰাকী খ্ৰীষ্টানৰ লগতে এটি শ্বেতবৰ্ণৰ ঘোঁৰা উপঢ়ৌকন হিচাপে প্ৰেৰণ কৰিছিল। ইতিপূৰ্বে নবী(ছাঃ)এ বিভিন্ন কাৰণত বিভিন্ন ধৰ্ম আৰু গোত্ৰৰ মহিলাসকলক বিয়া কৰাই ভ্ৰাতৃত্বৰ বন্ধন সুদৃঢ় কৰিছিল। আন্তৰ্জাতিক ৰীতিনীতিৰ প্ৰতি লক্ষ্য কৰি নবী(ছাঃ)এ এই উপহাৰ সানন্দে স্বীকাৰ কৰিছিল। প্ৰথমে মাৰিয়াক ইছলাম গ্ৰহণ কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিল। মাৰিয়া সেই আমন্ত্ৰণ গ্ৰহণ কৰাৰ পাছত নবী(ছাঃ)এ তেওঁক ইছলামী বিধান অনুসাৰে স্ত্ৰী হিচাপে গ্ৰহণ কৰি বন্ধুপ্ৰতীম মুকাকিউচৰ উপহাৰৰ যথাযোগ্য মৰ্যদা প্ৰদান কৰিছিল।(ছিৰাতুন্নবী, ২য় খণ্ড)

     কাৰণ তেতিয়াৰ দিনত নীতি অনুসৰি কোনো ৰজা-বাদচাহৰ উপহাৰ বেলেগক প্ৰদান কৰাটো অৱমাননাকৰ আছিল। সেয়ে নবী(ছাঃ)এ মাৰিয়াক পত্নীৰূপে গ্ৰহণ কৰি মিছৰৰ লগত অকৃত্ৰিম ভালপোৱাৰ বন্ধন কটকটীয়া কৰিছিল। ইয়াৰ আৰু এক গূঢ় তাৎপৰ্য আছিল যে, নবী(ছাঃ)এ খ্ৰীষ্টান আৰু ইহুদী মহিলাক পত্নীৰূপে গ্ৰহণ কৰি এক অনন্য উদাহৰণ দাঙি ধৰিছল। এই বিবাহ আছিল তাৰে প্ৰমাণ। (মহানবী, ওছমান গণি, পৃষ্ঠা ৩৮৭)কোনো কোনোৰ মতে এই বিয়াৰ পাছতেই নতুন কোনো স্ত্ৰী গ্ৰহণ আৰু বৰ্জন ওহী যোগে নিষিদ্ধ কৰা হৈছিল। (ছিৰাতুন্নবী, ২য় খণ্ড)। অধিকাংশ জীৱনীকাৰৰ মতে মায়মুনা(ৰাঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত বিবাহ বিষয়ক উক্ত আয়াত নাযিল হৈছিল।

            মাৰিয়া(ৰাঃ)ৰ গৰ্ভত নবী(ছাঃ)ৰ ঔৰষত ৮ হিজৰীত ইব্ৰাহীম নামৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। ইব্ৰাহীম আওয়ালী নামৰ স্থানত জন্মগ্ৰহণ কৰিছিল। মাৰিয়া কিবতিয়া(ৰাঃ) তেতিয়া তাতেই বসবাস কৰিছিল। ইব্ৰাবীমৰ জন্ম উপলক্ষ্যে মানুহে আওয়ালীক মাশৰাবাই ইব্ৰাহীম নামত অভিহিত কৰে।

            শ্বেতবৰ্ণ ঘোঁৰাটোও নবী(ছাঃ)এ নিজে গ্ৰহণ কৰিছিল। তেওঁ প্ৰায়শই সেইটোত আৰোহন কৰিছিল। ঘোঁৰাটোৰ নাম ৰখা হৈছিল দুলদুল। নবী(ছাঃ)ৰ এন্তেকালৰ পাছত ঘোঁৰাটো ইমাম হোছেইন(ৰাঃ)ই ব্যৱহাৰ কৰিছিল।

            মাৰিয়া কিবতিয়া(ৰাঃ)ৰ বৰ্ণনা প্ৰসঙ্গত মাৰ্টিন লিঙ্গচে মাৰিয়াক দাসী হিচাপে উল্লেখ কৰিছে। গোলাম মোস্তফাই তেওঁৰ বিশ্বনবী গ্ৰন্থত আৰু মোহাম্মদ বৰকাতুল্লাহই তেওঁৰ নয়া জাতি স্ৰষ্টা মোহাম্মদ গ্ৰন্থত মাৰিয়াক সভ্ৰান্তবংশীয়া খ্ৰীষ্টান মহিলা হিচাপে উল্লেখ কৰিছে। মোহাম্মদ বৰকাতুল্লাহৰ এটি উদ্ধৃতিয়ে মাৰিয়া বিষয়ক ঘটনা বুজিবলৈ সহায়ক হব বুলি অনুমান কৰা হয়। তেওঁ লিখিছে- কুমাৰীদ্বয় খ্ৰীষ্টান আছিল আৰু মদীনাত উপনীত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁলোকে নবী(ছাঃ)ৰ হেৰমত প্ৰথমে সেৱিকা হিচাপে আছিল। পাছত মুকাকিউচৰ অনুৰোধত নবী(ছাঃ)এ মেৰীক বিবাহ কৰাইছিল আৰু শিৰিনক কবি হাছান ছাবিতৰ লগত বিয়া দিছিলবিবাহৰ পাছত তেওঁৰ নাম ৰখা হৈছিল মাৰিয়া আৰু কিবতিয়া আছিল তেওঁৰ বংশগত উপাধি। এই মাৰিয়াৰ গৰ্ভত নবী(ছাঃ)ৰ শেষ সন্তান ইব্ৰাহীম জন্মগ্ৰহণ কৰিছিল। প্ৰিয় পুত্ৰৰ জননী হিচাপে নবী(ছাঃ)এ মাৰিয়াক খুব স্নেহ কৰিছিল। নবী(ছাঃ)ৰ অন্যতম পত্নী আয়েসা(ৰাঃ)য়ো তেওঁক খুব আদৰ-যত্ন কৰিছিল আৰু সময়ে সময়ে আৰৱবালাৰসকলৰ দৰে বেণী গাঁথি দিছিল।.....নবী(ছাঃ)ৰ সহধৰ্মিনীসকলৰ ভিতৰত একমাত্ৰ আয়েসা(ৰাঃ)ই কুমাৰী আছিল বুলি উল্লেখ কৰা হয়। কিন্তু মাৰিয়াকো কুমাৰী অৱস্থাতে নবী(ছাঃ)কৰ্তৃক গৃহীতা হৈছিল। (মোহাম্মদ বৰকাতুল্লাহ ৰচনাৱলী, ২য় খণ্ড)

            এনেকৈয়ে এছিয়া, ইউৰোপ আৰু আফ্ৰিকাত ইছলামৰ বাণী প্ৰচাৰ হৈছিল। পৃথিৱীৰ খ্যাতনামা সম্ৰাটসকলে যুদ্ধ কৰি যি কৰিব পৰা নাছিল, নবী(ছাঃ)এ তেওঁৰ বাণী দ্বাৰা সেয়া সম্পন্ন কৰিছিল।

                পুত্ৰ ইব্ৰাহীমৰ শিশু অৱস্থাতে মৃত্যু হৈছিল। ইব্ৰাহীমৰ মৃত্যুৰ পাঁচ বছৰ পাছত ষোল্ল হিজৰী চনৰ মহৰম মাহত (৬৩৭ চনত) মাৰিয়া কিবতিয়া(ৰাঃ)ই এন্তেকাল কৰে। সমগ্ৰ মদিনাবাসী তেওঁৰ জানাযাত অংশগ্ৰহণ কৰিছিল। তেওঁক জান্নাতুল বাকিত সমাধিস্থ কৰা হৈছে।

                                                                             সমাপ্ত

        বিঃদ্ৰঃ- গ্ৰন্থখন যুগুত কৰোঁতে সোলেমানীয়া বুক হাউচ দ্বাৰা প্ৰকাশিত বিশ্বনবী(ছাঃ)ৰ দাম্পত্য জীৱন, মুহাম্মদ নুৰুযযামান ৰচিত সংগ্ৰামী নাৰী আৰু দেৱান নজৰুল কাদিৰ ৰচিত আৰৱ দেশৰ ইতিহাস গ্ৰন্থৰ সহায় লোৱা হৈছে। সদাশয় পাঠকে গ্ৰন্থখনত ৰৈ যোৱা ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিলে কৃতাৰ্থ হম। ইতি-

                                                                                                লেখক-

           

 

           

             

 

           

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)