সংগীতালেখ্য-ইদেশ-সিদেশ
সংগীতালেখ্য-ইদেশ-সিদেশ
আগকথা
সংগীতালেখ্যটো বংগীয় মূলৰ অসমীয়া
মুছলমানৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে। আলেখ্যটোত বংগীয় মূলৰ মুছলমানৰ আৰ্থ-সামাজিক
দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁলোকে কি পৰিস্থিতিত পৰি তাহানিৰ অবিভক্ত বংগৰ পৰা
অসমলৈ উঠি আহিব লগা হৈছিল সেই দিশটোৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে।
আলেখ্যটোত অসমীয়া ভাষাৰ লগতে বংগীয় মূলৰ মুছলমানৰ কথিত ভাষা ব্যৱহাৰ কৰা হৈছে।
বাংলা আৰু অসমীয়া ভাষাত কে’বাটাও গীত সন্নিৱিষ্ট কৰা হৈছে
আলেখ্যটোত। বিহুগীতটোৰ বাহিৰে বাকীবোৰ গীত স্বৰচিত। এটি জিকিৰ-জাৰী সূৰীয়া
স্বৰচিত গীতো সন্নিৱিষ্ট কৰা হৈছে। পৰিৱেশকসকলে বিহু আৰু জিকিৰ-জাৰীসূৰীয়া গীতৰ
পৰিৱৰ্তে ইচ্ছা অনুসৰি বেলেগ বিহুগীত বা আজান ফকীৰৰ ৰচিত জিকিৰ-জাৰী পৰিৱেশন কৰিব
পাৰিব। সুপৰামৰ্শ সাদৰে গ্ৰহণ কৰা হ'ব। লগতে সংগীতালেখ্যটো পৰিৱেশন কৰিলে
নথৈ আনন্দিত হ’ম। সদৌ শেষত অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমা
প্ৰাৰ্থনা কৰি আগকথাৰ মুখনি মাৰিলোঁ। ইতি-
-ৰচনা
আবুল হুছেইন,
সাং- যতিগাঁও
পোঃ অঃ-
জাহোৰপাম
মোবাইল নং-
৭০০২১-১২০১২
-
ইদেশ সিদেশ (সংগীতালেখ্য)
ঘোষকঃ-
স্ৰষ্টাৰ অনুপম সৃষ্টি সৌৰ জগতৰ অন্যতম গ্রহ আমাৰ এই মনোৰম পৃথিবী। এই পৃথিবীৰে এক
ক্ষুদ্ৰ ভূ-খণ্ড আমাৰ অতি প্রিয়,
পূণ্যতীর্থ ভাৰতবৰ্ষ। নানা জাতি-উপজাতি, ভাষা-ভাষীৰ মিলনতীৰ্থ পৃথিবীৰ
সুবৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষ। অনৈক্যৰ মাজত ঐক্যৰ লীলাভূমি বিচিত্ৰ এই দেশ
ভাৰতবৰ্ষ। বৈচিত্ৰৰ মাজত ঐক্য হ’ল
ভাৰতবৰ্ষৰ বৈশিষ্ট্য। সাম্য- মৈত্রী, ঐক্য, সম্প্ৰীতিৰ
মিলনতীৰ্থ তাহানিৰ অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্বপ্ৰান্তত অৱস্থিত আছিল সংস্কৃতিৰ
লীলাভূমি নদীমাতৃক বংগদেশ। বংগদেশ বঙ্গোপসাগৰৰ উপকূলত অৱস্থিত। বিট্ৰিছৰ শাসন
কালত হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টিৰ উদ্দেশ্যে বংগক জৰাসন্ধৰ দৰে ফালি
পূৰ্ববংগ আৰু পশ্চিম বংগ নামেৰে বিভক্ত কৰা কৰা হয়। সাধাৰণ ভাষাত ইপাৰ বাংলা আৰু
সিপাৰ বাংলা। গংগা নদীৰ পূৰ্বপ্ৰান্তত অৱস্থিত নদীৰ পলসেৰে গঠিত উৰ্বৰা ভূমিভাগৰ
নাম পূর্ববংগ। যি ভূমি ভাগ বর্তমান বাংলাদেশ নামেৰে বিশ্বৰ দৰবাৰত পৰিচিত।
পূর্ববংগৰ অধিকাংশ মানুহৰ ভাষা বঙলা। মানুহবিলাক কৃষিজীৱী। তেওঁলোকে হাতৰ মুঠিত
নাঙল ধৰি মাটিৰ বুকুত প্রাণ সঞ্চাৰ কৰিব পাৰিছিল। তেওঁলোকৰ হাতৰ পৰশত মাটিৰ বুকুত
সোণ উপজিছিল। শস্য-শ্যামলা হৈছিল পতিত মাটি। পথাৰত সোণোৱালী ধান, নৈ-বিল-পুখুৰীত মাছ, চালত কোমোৰা লাউ, জিকা, ভোল বাৰীত তামোল-পাণ । প্রাণে প্রাণে আনন্দৰ জোৱাৰ- গীতৰ লহৰ।
ভাটিয়ালী, পল্লীগীতি, মুর্চিদী, ধুয়া গীতৰ লহৰে লহৰে নাচি-বাগি ফুৰে
বঙালীৰ হিয়া- মতলীয়া কৰে বঙালীৰ প্ৰাণ ৷ তাৰেই চেৱে চেৱে বিমুগ্ধ হৈ পৰে হাজাৰ
হাজাৰ নৰ-নাৰীৰ আকুল হিয়া। আহক আমি সেই আনন্দৰ জোৱাৰত কিছু সময় অবগাহন কৰোহঁক-
তিস্তাৰ পাৰে বসত বাড়ী
তিস্তা মোদেৰ প্ৰাণ
গোয়াইল বোজাই গৰু-বাছুৰ
গোলা ভৰা ধান।
অ' ভাই তিস্তা মোদেৰ মান ।। তিস্তাৰ পাৰে বসত বাড়ী.......
ক্ষেতে ক্ষেতে সবুজ সোনা
পুকুৰ ভৰা মাছ
শাৰী শাৰী নাৰকেল গুয়া
গাছে ঝুলে পান।
নিজে খাই আৰ পৰকে খাওয়াই
মনেৰ সুখে কৰি গান।। তিস্তাৰ পাৰে বসত
বাড়ী.......
ইড়ি ধানেৰ মুৰি ভাইৰে
বিন্নী ধানেৰ খই
জিটকিৰ গুড়ে মোয়া পাকাই
গামছা বান্ধা দ’ই
জামাই-জোড়া ইস্টি মেজবান
এক সাথে খান-দান।। তিস্তাৰ পাৰে বসত
বাড়ী.......
ঢাকাৰ ঢাকাই শাড়ী পিন্ধি
পিন্ধি তাঁতেৰ শাড়ী
পায়ে পায়েল মাথায় (সিঁথি)পাটি
হাতে কাঁচেৰ চুড়ি
ঝন্ঝনিয়া বাজে চুড়ি
চমকে উঠে মুনিৰ প্ৰাণ।। তিস্তাৰ পাৰে
বসত বাড়ী.......
পূবালী বাতাসে যখন
ধান কৰে হলফল
মাঠে-ঘাটে উৰায় ঘুড়ি
ছোকৰা-ছুকৰিৰ দল ৷
জ্যোৎস্না ৰাইতে উঠোনেতে
গীতালেৰ হয় কিচ্ছাগান।। তিস্তাৰ পাৰে
বসত বাড়ী........
ঘোষকঃ-
আর্য, অনাৰ্য, শক, হুন, মোগল, পাঠানৰ দেশ ভাৰতবৰ্ষ। হঠাৎ ব্ৰিটিছ
আহিল। মোহাম্মদী বেগ, ইয়াৰ
লতিফ, জগৎ শেঠ, উমিচাঁদ, মীজাফৰহঁতৰ বিশ্বাসঘাতকতাৰ ফলত ১৭৫৭ চনত ২৩ জুনত পলাচীৰ প্ৰান্তৰত সংঘটিত
যুদ্ধত বাংলা-বিহাৰ-উৰিষ্যাৰ নবাব বংগৰ বীৰ সন্তান, বংগৰ গৌৰৱ চিৰাজোদ্দৌলা ব্ৰিটিছৰ হাতত পৰাজিত হয় আৰু বাংলাৰ
স্বাধীনতা সুৰুয অস্ত যায়। ফলত ভাৰতবৰ্ষৰ বুকুলৈ নামি আহিল পৰাধীনতাৰ ক'লা ডাৱৰ। ভাৰতবৰ্ষৰ শাসন ক্ষমতা গ’ল ব্ৰিটিছৰ হাতলৈ । সাপে ভেকুলী গিলাৰ
দৰে লাহে লাহে ভাৰতবৰ্ষখন গিলি পেলালে সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা ইংৰাজ
বনিয়াসকলে।পৰাধীনতাৰ শৃংখলেৰে শৃংখলিতা হ'ল ভাৰত মাতৃক। দমন আৰু বিভেদনীতিৰ আশ্ৰয় লৈ ব্ৰিটিছসকলে ভাৰতবৰ্ষত
চলালে শাসনৰ স্টিম ৰোলাৰ। কৰ্ণৱালিচৰ চিৰস্থায়ী বন্দৱস্তই প্ৰচলন কৰিলে জমিদাৰী
প্ৰথা ৷ স্থাপন হ'ল
কল-কাৰখানা- পর্যুদস্ত হ'ল
কুটীৰ শিল্প। যধে-মধে কৰ-কাটলৰ বোজা জাপি দিলে কৃষকৰ মূৰত । কৃষকৰ মাটি গ’ল মহাজনৰ হাতলৈ । ফলত কৃষকসকল পৰিণত হ'ল অধঃস্তন ৰায়তলৈ । প্রথম মহাসমৰৰ
ঘোঁড়া দৌৰত মানুহৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হ'ল। ফলত বাধ্য হৈ মানুহবিলাকে পেটৰ
ভাতমুঠিৰ সন্ধানত দিশে দিশে ঢাপলি মেলিলে। সাহসীসকল গ'ল কল-কাৰখানালৈ আৰু ভূমিহীন কৃষকৰ এটা
অংশ ব্ৰিটিছৰ পৃষ্ঠপোষকতাত উঠি আহিল আসমলৈ-
জমিলা- না, এইভাবে আৰ সংসাৰ চালাইয়া পাৰুমনা।
পুলাপান গুলাৰ মুখে সময় মত ভাত দিতে পাৰিনা ৷ নাখাইয়া, নাখাইয়া পুলাপান গুলাৰ হাড্ডি কয়ডা
বাইৰ অইয়া গেছে। তাগৰ মুখে দিগে চাইলে কইলজাডা ছ্যাৎ কইৰা উঠে। কি আৰ অইব এই
অভাবেৰ সংসাৰ কইৰা !
কদভানুৰ প্রবেশ-
কদভানু-
বুবুৰ দেখছি মনটা ভালনা। কি অইছে বুবু?
জমিলা- কি আৰ অইব! পেটে ভাত নাই, পৰণেৰ কাপড় নাই। নাখাইয়া নাখাইয়া
পুলাপান কয়ডা শুকাইয়া গেতাছে। হাড্ডি কয়ডা গুনন যায়। পুলাপানেৰ কথা চিন্তা
কইৰা ঘুম আহেনা, বইন
।
কদভানু- এই
দেশেৰ শান্তি উইঠা গেছে, বুবু।
মহাজনেৰা মাটি কাইড়া নিছে। ব্ৰিটিছৰা কল-কাৰখানা বহাইয়া আমাগ কুটীৰ শিল্পেৰ দফা-
ৰফা কৰছে। আমৰা আৰ এই দেশে থাকুম্না- আসাম যামু। তোমাৰ সাথে দেখা কৰবাৰ আইছি।
পৰশু দিনই যামু। সব ঠিক অইয়া গেছে।
জমিলা-
আসাম যাইবা ! আসাম দ্যাশ আবাৰ কনে ?
কদভানু-ঐযে, পূব দিগে পাহাৰ দেখা যায়, ঐডাই আসাম দ্যাশ। আসাম দ্যাশে অনেক
মাটি। খাইটা খাইলে ভাতেৰ অভাব নাই ।
জমিলা-হ, গেদাৰ বাপেৰ মুখে একবাৰ অবশ্যে আসাম
দ্যাশেৰ নাম শুনছিলাম। কিন্তু বইন,
মাইনসেৰ দ্যাশে কি আমাগ থাকবাৰ দিব?
কদভানু-
মাইনসেৰ দ্যাশ অইব ক্যান, আসাম
অইল ভাৰতেই একটা দ্যাশ। ব্ৰিটিছ মানে ফিৰিঙিৰা কি জানি বেনিফিট কাট(বেনিফিট কার্ড)
দিয়া ঐ দ্যাশে মানুষ নিতাছে। কাট ছাৰা গেলেও কোনো অসুবিধা নাই।
জমিলা-
কিন্তু বইন, শুনছি, ঐ দ্যাশ নাকি জংঘলে ভৰা। বাঘ-ভাল্লুক
আৰ যাদু-টোনাৰ দ্যাশ ? কদভানু-মানুষেৰ
বশতি অইলে বাঘ-ভাল্লুক, যাদু-টোনা
কিছুই থাকবনা। সব ঠিক অইয়া যাইব।
জমিলা-
তাইলে বইন, আমাৰাও
তোমাগ সাথে যামু। নিবা না?
কদভানু-নিমু
না মানে ! যত মানুষ অইব ততই ভাল অইব। এই দ্যাশে এক জায়গায় আছিলাম। ঐ দ্যাশে
গিয়াও একখানে থাকুম। এইডাতো খুবই আনন্দেৰ কথা। ঐ পূব পাড়াৰ খালাৰাও যাইব।
সন্ধ্যায় দুলা ভাইৰে আমাগ বাড়ী পাঠাইয়া দিও। কেমনে কি কৰণ লাগব, আমাগ পৰাণেৰ বাপে সব ভাল কইৰা বুজাইয়া
দিবনে। আমি অহন খালাগ
বাড়ী যাই, তোমাগ
কথা কইয়া আহি গিয়া ৷
জমিলা-চল, আমিও যামু তোমাৰ সাথে..
কদভানু-
তাইলে চল । তুমি গেলে খালাও ভাল পাইবনি আৰ তুমিও অনেক কথা জানা পাৰবানি।
(উভয়ৰ প্ৰস্থান)
ঘোষক-বৰলৰ
বাহত ঢিল মাৰিলে যেনেকৈ দিগ্বিদিক শূন্য হৈ বৰলবোৰ উৰিবলৈ ধৰে— - নাই নাই, উপমাটো হয়তো যথাযথ নহ'ল-কাঁচৰ বস্তু এপদ পকাত পৰি ভাঙিলে যিদৰে ছিটিকি সিঁচৰতি হৈ পৰে, ঠিক সেইদৰে দৰিদ্ৰতাৰ কেঁকোৰা-চেপাত
পৰি মানুহবিলাক সিঁচৰতি হৈ পৰিল দিহিঙে-দিপাঙে। সাহসীবোৰ গ'ল কল-কাৰখানালৈ আৰু ভীৰুবোৰে মাটি
বিচাৰি উঠি আহিল অসমলৈ- পদব্রজে,
নাও আৰু জাহাজেৰে-
হিয়াহ হিয়াহ হিয়াহ হিয়াহ
হিয়া, হিয়া, হিয়া
হিয়াহ ।।
গাংগে উইঠাছে নতুন বান অ’ মাজি ভাই
সামাল সামাল বইঠা টান,
অ' মাজি ভাই সামাল সামাল বইঠা টান। গাংগে উইঠাছে......
বিলাত থাইকা ইংৰাজ আইসা মাটি নিল কাঢ়ি
ভাইৰে মাটি নিল কাঢ়ি
সব জিনিসেৰ দাম চড়া ভাই
হাতে নাইকো কড়ি
আসাম দেশে পতিত মাটি
বীজ ছিটাইলেই ফলে ধান। গাংগে
উইঠাছে......
পৰ্বত পাহাৰ নদী-নালায় ভৰা আসাম দেশ
ভাইৰে ভৰা আসাম দেশ
শাল শেগুন আৰ তিতাচাঁপাৰ
সবুজ শ্যামল বেশ
নদী-নালায় অনেক মাছ ভাই
গাছে গাছে গুয়া পান। গাংগে
উইঠাছে.........
আসাম যাইয়া মাটি চষে
ফসল তুলব ঘৰে
ভাইৰে ফসল তুলব ঘৰে
ভাতেৰ অভাব থাকব না ভাই
দুঃখ যাইব দূৰে
মনেৰ সুখে বিহু নাচব
গাইবো জিকিৰ জাৰীগান।। গাংগে উইঠাছে..
ঘোষক-
দলে দলে বংগ দেশৰ পৰা কৃষকসকল অসমলৈ ঢাপলি মেলিলে আৰু থলুৱা অসমীয়াসকলেও তেওঁলোকক
আদৰি ল'লে। আগবঢ়ালে
সহযোগিতাৰ হাত। বাঙালী আৰু অসমীয়া হ'ল বুকুৰ কুটুম। হ’ল
বন্ধু সখি। থলুৱা অসমীয়াই বহিবলৈ দিলে বৰ ঘৰৰ বৰপীৰাত । এই বংগীয়মূলৰ
মুছলমানসকলে হাতৰ মুঠিত নাঙল ধৰি মাটিৰ বুকুত প্ৰাণ সঞ্চাৰ কৰিলে। শস্য-শ্যামলা হৈ উঠিল পতিত
ভূমি । দূৰ হ'ল ভাতৰ
চিন্তা । আৰম্ভ হ'ল
ভাবৰ আদান-প্রদান। বঙালী আৰু অসমীয়াৰ মাজত চলিল কথোপকথন, গা কৰি উঠিল শিক্ষা-দীক্ষাৰ চিন্তা।
প্রয়োজনৰ তাগিদাত মনৰ ভাব প্ৰকাশ কৰিলে এনেদৰে---
মূৰত পাচিলৈ ইমান আলীৰ প্ৰবেশ
ইমান-
চৌধুৰী বাবু, বাড়ীতে
আছেন না, ঘৰত আছেন কি?
চৌধুৰী-(মঞ্চৰ
বাহিৰৰ পৰা)কোন? কোনে
মাতিছে? (মঞ্চলৈ সোমাই
আহি) অ’ আলী ভাই! এই
পুৱাই পুৱাই ক'ৰপৰা
ওলালহি।
ইমান-(মূৰৰ
পৰা পাচিটো নমাই) এই যে বাবু, আপনেগ
লাইগা কয়ডা নাই আনছি। বিলাতী নাই। ভিতৰে নিবাৰ কন।
চৌধুৰী-আপুনিও
ভাল মানুহ দে। এয়া দেখিছো ৰঙা লাউ আৰু কল। এইবোৰ আকৌ কিয় আনিলে ? ইমান - - ক্ষেতে জিনিস ! হাউস কইৰা
ছাওয়ালেৰ মায় পাঠাইয়া দিল৷ আপনেত আবাৰ বিলাতী নাই খুব ভাল বাসেন। কলা কয়ডা
পুলাপানেৰে দিবেন। ভিতৰে নিবাৰ কন।
চৌধুৰী-বহকচোন, বহক। লাউ কেইটা দেখিছো খুবেই ডাঙৰ৷
ইমান-
বংগ দ্যাশত থাকতে ইয়াৰ থাইকাও বড় বড় নাই ফলাইছি।
চৌধুৰী-
আপুনিও ভাল মানুহ দে। মই কি ভাল পাও, নাপাও তাকো খবৰ ৰাখিছে! (ভিতৰৰ ফালে মুখ কৰি) হে’ৰা, পোনাৰ মাক এইফালে আহিবাচোন। চোৱাহি, আলীভায়ে কি আনিছে।
(চৌধৰাণী মূৰত
ওৰণি টানি সোমাই আহে৷ চৌধুৰীয়ে পাচিটোলৈ আঙুলিয়াই কয়)- এইবোৰ লৈ
যোৱা। আমাৰ কাৰণে আনিছে। (চৌধুৰাণীয়ে পাচিটো দাঙি লয়) হে’ৰা, আমাৰ কাৰণে দুকাপ চাহ পঠাই দিবাচোন ।
চৌধুৰাণী-আপুনি
বহক দেই। আপোনালোকৰ কাৰণে
চাহ পঠাই আছো।
(ওলাই যায়)
চৌধুৰী-
কিবা সকাম আছিল নেকি, আলী
ভাই?
ইমান-হ, আপনেৰ লগত কিছু কথা আছে। তাইতে আইলাম ।
চৌধুৰী-কি
কথা কওঁকচোন।
ইমান-আমালোকতো
আসাম আহিছি। আপনে নদীৰ পাৰে দেওয়া মাটিতে ঘৰ-দুৱাৰো বানাইছি। দিনও চলছে
সুখে-শান্তিতে ৷ এখন আৰ ভাতেৰ অভাব নাই। কিন্তু ......
চৌধুৰী-কিন্তু
কিনো? কিবা অসুবিধা
পাইছে নেকি? গৰু, বাঁহ কিবা লাগে যদি লৈ যাওঁক।
ইমান-নাহয়
নাহয়, গৰু বাঁশ
লাগবনা। আমি নিজেও বাঁশেৰ ছোপ উঠাইছি। গৰুৰো অভাব নাই। আল্লাহৰ ৰহমতে দুইডা গাই
পানাই ।
চৌধুৰী-
তেনেহ'লে কি লাগে
আপোনাক ?
ইমান-
কতা অইছে মানে... লেখা-পঢ়া। মানে স্কুল-কলেজেৰ কতা। নতুন জায়গায় আহি লেখা-পঢ়া
নাকৰি বহি থাকলেতো আৰ চলবনা। ভবিষ্যতে আমাগ ছেলে-মাইয়াৰা আপেনগ ছেলে-মাইয়াৰ সাথে
উঠা-বসা কৰণ লাগব। তাইতে ভাবছিলাম আপনেগ ভাষা শিখবাৰ একটা পাঠশালা কৰবাৰ পাৰলে ভাল
হইত.....এই চিন্তায় আমাৰ ঘুম অয়না, বাবু !
চৌধুৰী-(বহাৰ
পৰা উঠি) কি ক'লে
আপুনি?
ইমান-
(বহাৰ পৰা উঠি) কি অইল, বাবু!
আমি কি কিছু ভুল কইলাম?
চৌধুৰী-নহয়
নহয়, ভুল আপুনি কোৱা
নাই, আলী ভাই। ইমান
ডাঙৰ, ইমান মহৎ
চিন্তাযে আপুনি কৰিছে, তাৰ
বাবে মই আনন্দত অধীৰ হৈ পৰিছো। মই বৰ সুখী হৈছো, আপোনাৰ কথা শুনি। এতিয়া কওঁক, কি কৰি দিব লাগে।
ইমান- কি
কৰণ লাগব মানে! কি যে কৰণ লাগব সেইটো আমি বুজি পাৰা নাই। আমি অইলাম মুখ্যু-সুখ্যু
মানুষ। এই বিষয়ে তেমুন জ্ঞান-বুদ্ধি নাই। তাই ভাবছিলাম, আপনে যদি.......
চৌধুৰী-
কোনে কৈছে আপোনাৰ জ্ঞান-বুদ্ধি নাই?
আপুনি যি চিন্তা কৰিছে, এয়া জ্ঞানী মানুহৰ চিন্তা,, মহৎ মানুহৰ চিন্তা। মই আনন্দ চৌধুৰীয়ে কথা দিলো, স্কুল কৰাৰ কাৰণে যিমান মাটি, কাঠ-বাঁহ লাগে সকলো মই দিম। লাগিলে
মোৰ ল'ৰাক মাষ্টৰো
বনাই দিম ।
ইমান-আমি
বড় খুশী অইলাম, বাবু, খুব খুশী অইলাম । আমাৰ কল্পনা সাৰ্থক
অইল । আমাগ পুলাপানেৰা স্কুলে যাইব. লেখা-পঢ়া শিকব ! এইডা কি সম্ভৱ অইব, বাবু?
চৌধুৰী-নিশ্চয়
হ'ব। আপোনাৰ
চিন্তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে মই সকলো কৰিম। আজিৰ পৰা আপোনাক মই সখি বুলি মাতিম
৷
ইমান-
আমি একজন মূখ্যু মুছলমান। আমাৰে আপনে....
চৌধুৰী-নাই
নাই, আপুনি মূর্খ
নহয়, আপুনি জ্ঞানী, আপুনি মহৎ ! আপুনি মোৰ সখি। (ইমান
আলীক আলিংগন কৰে।)
ইমান-তাইলে স্কুলেৰ জন্যে এখন কি কৰণ
লাগব, বাবু ?
চৌধুৰী-
বাবু নহয়, সখি।
সখি বুলি মাতক। আমি এখন মিটিং মাতি প্রথমে কথাটো আলোচনা কৰি এখন কমিটি বনাব লাগিব
। তাৰ পাছত স্কুলৰ কাম আগবঢ়াব লাগিব।
ইমান-
তাইলে সখি, মিটিং
কবে দিই।
চৌধুৰী-
অহাকালিয়ে দিয়ক। এতিয়া ভিতৰলৈ ব'লক।
আমাৰ কাৰণে চাহ ৰেডি হৈ আছে।
(উভয়ৰ প্ৰস্থান)
ঘোষক-
এইদৰে মিলন ঘটিল বংগীয়মূলৰ মুছলমান আৰু থলুৱা অসমীয়াৰ। উভয়ে উভয়ৰ বুকুৰ কুটুম-
মিতিৰ হ'ল। স্কুল-কলেজ
স্থাপন হ'ল। চলিল
সংস্কৃতিৰ আদান-প্রদান। মুছলমান ডেকা-গাভৰুৱে মিলি গালে বিহু গীত
বিহুগীত আৰু নৃত্য
ফুলৰে মাজতে ভোমোৰা উৰিলে ঐ
ফুলৰে মৌ খাবলৈ যায়
আহে কি নাহে ঐ মৰমৰ চেনাই ধন মন মোৰ
উৰি উৰি যায় ৷
মন মোৰ উৰি উৰি যায় ৷৷
ফুলজোপা ফুলিছে বিহু বিহু লাগিছে
নিচিঙিবা ককাই মোৰ বৰ মৰম লাগিছে;
মৰম দি মৰম দি গুচি গ'লা কিয়?
ঢুলীয়া ককাই অ’ ক’তে আছা ৰ’ই
সোনকালে আহা তুমি বিহুতলী লই।
এই বিহু যাব যেতিয়া
চিঠি লিখিম তেতিয়া
মৰম যাচি মৰম যাচি চেনাই তোমাক।
এ চম্পা---আহিল বাটে বাটে
এ চম্পা মটৰ গাড়ী চলে
হাঁহি এটা মাৰাচোন
সঁচা কথা কোৱাচোন
দিয়া যদি মৰমৰ মাত ৷৷
ঘোষক-
এইদৰে বংগীয় মুছলমানসকলে অসমীয়া সংস্কৃতি- অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহুক আদৰি ল'লে । বিহুগীত গালে, গীতৰ তালে তালে নাচিলে-বহাগক আদৰিলে।
আদান-প্ৰদান কৰিলে কলা-সংস্কৃতি-বিনিময় কৰিলে মনৰ ভাব। আজান ফকিৰৰ গীতে ৰচিলে
জাতীয় ঐক, সুগম
কৰিলে সংহতিৰ বাট- কট্টীয়া কৰিলে স্নেহৰ এনাজৰীডাল। ধর্মীয় সংস্কৃতিয়ে ল'লে নতুন গতি-- আহক এতিয়া আমি
জিকিৰ-জাৰী সুৰীয়া এটি গীত উপভোগ কৰোহঁক
জিকিৰ-জাৰী
সুৰীয়া গীত
কি খেল খেলিছা তুমি হে আল্লাহ
কি খেল খেলিছা তুমি;
পাপে-তাপে ভৰিছে ধৰা
আহিছে ঘোৰ কলি
হে আল্লাহ, আহিছে ঘোৰ কলি ।।
আল্লাক নামানে ৰছুলক নিচিনে
নামানে কোৰাণৰ বাণী
নামাজ ৰোজা পাহৰি মানুহে
খেলিছে তেজৰে হোলী।। হে আল্লাহ, কি খেল খেলিছা..
সন্তানে নামানে পিত-মাতৃ
নিদিয়ে অন্ন-কানি
সৰু-বৰৰ নাই মানা-মানি
নামানে গুণী-জ্ঞানী।। হে আল্লাহ, কি খেল খেলিছা..
ধন ধন বুলি বলীয়া মানুহ
ধন-বিত জোৱাৰৰ পানী
মিছা ধন-জন মায়া অকাৰণ
যাব লাগিব সকলো এৰি। হে আল্লাহ, কি খেল খেলিছা...
মউত পিয়ালা চাকিব লাগিব
কোনেও নাযাব সাৰি
মাটিৰ দেহা মাটিত মিলিব
প্ৰাণ পখী গ'লে উৰি। হে আল্লাহ, কি খেল খেলিছা..
ঘোষক-
এইদৰে চলিল অসমীয়া সংস্কৃতিক আপোন কৰণৰ পৰ্ব। ইয়াৰ মাজতে এইসকল মুছলমানে কৃষি বিপ্লৱৰ
সূচনা কৰিলে। আওকলীয়া পুৰণি পদ্ধতি এৰি কৃষিৰ নতুন নতুন কৌশল উদ্ভাৱন কৰিলে।
আৰম্ভ কৰিলে আধুনিক পদ্ধতিত ইড়ি খেতি। আওকলীয়া পদ্ধতিত য'ত মাথোন বিঘাত পাঁচ-ছয় মোণ ধান উৎপাদন
কৰিব পাৰিছিল, তাত
আধুনিক প্রযুক্তি প্রয়োগ কৰি বিঘাত ত্ৰিছ-চল্লিছ মোণলৈকে ধান উৎপাদন কৰিবলৈ সক্ষম
হ’ল-
চল সখি ইড়ি গাৰতে যাই
আমৰা দেশেৰ মান বাচাই
চল সখি ইড়ি গাৰতে যাই।।
গোছা গাৰব শাৰী শাৰী
কৰবো ইড়ি ক্ষেত
শ্বেলুৰ পানী দিয়া ক্ষেতে
মাটি কৰবো পেক্
হাল মাৰিয়া পেক কৰিয়া
চল খেতে সাৰ ছিটাই।। চল সখি ইড়ি গাৰতে
যাই.......
ক্ষেতে ক্ষেতে ধান ফলিবে
পূৰবে মনেৰ আশ
পোকা-মাকড় পৰলে ক্ষেতে
হইবে সর্বনাশ
মেসিনেতে ঔষধ দিয়া
চল আগে পোকা তাড়াই।। চল সখি ইড়ি
গাৰতে যাই......
পাকা ধানে ক্ষেত ভৰিবে
যেমন পাকা সোনা
হাতে হাতে কাঁচি লইয়া
ভৰব আমৰা গোলা,
গোলায় থাকলে ধান
বাচব চাষীৰ মান
চল ধান কাটিতে যাই।
মনেৰ সুখে ভাওয়াইয়া গাই।। চল সখি
ইড়ি গাৰতে যাই...
ভাপা ভাজা কুলি বানাবো
আৰ দুধেৰ পিঠা
শেমাই কাটব ৰুটী বানাব
আৰ ভাপা পিঠা
খই মুৰি ভাজিয়া সই
চল মোৰা ৰুটী বানাই। চল সখি ইড়ি গাৰতে
যাই......
ঘোষক-
কিন্তু! এই সুখ সহিব নোৱাৰিলে একাংশ ধৰ্মীয় মৌলবাদী আৰু ৰাজনৈতিক নেতাসকলে ।
সুখ-শান্তিৰ মূৰত কৰিলে কুঠাৰাঘাত। আৰম্ভ হ'ল বহিৰাগত বিতাড়ন আন্দোলন। এটা সময়ত বহিৰাগত বিতাড়ন আন্দোলন
বাংলাদেশী বিতাড়ন আন্দোলনলৈ পৰ্যবসিত হ'ল। চলালে ভাষাভেদ,
জাতিভেদ, ধৰ্মভেদৰ
ৰাজনীতি । জ্বলিল ঘৰ- দুৱাৰ, আৰম্ভ
হ'ল ভ্ৰাতৃঘাতী
সংঘর্ষ। বিনাশ হ'ল
ধন-জন। সম্পাদিত হ'ল
অসম চুক্তি। আৰম্ভ হ'ল
ভোটাৰৰ নাম কর্তন। সূচনা হ’ল ‘ডি’ ভোটাৰৰ ৰাজনীতি। ক্ষোভ-বেদনাত ভাৰাক্ৰান্ত হৈ পৰিল মানুহৰ মন ।
একক অভিনয়
অ' ঘৰ বান্ধিলোহে, সজালোঁ
বালিৰে চৰ
অ' ঘৰ বান্ধিলোহে
ইকৰা খাগৰি কাটি,
বাঘ ম’হৰ স'তে
যুঁজি
সজালোঁ নদীৰে চৰ। অ' ঘৰ বান্ধিলোহে.......
ধান-পাটে ৰুলো,
মনতে পাঙিলো,
পাতিমে সুখৰে সংসাৰ, অ’হায়!
পাতিমে সুখৰে সংসাৰ
গোহালিত ৰ’ব গৰু পুখুৰীত ৰ'ব মাছ
ভড়ালত ধানৰে দ’ম, অ’ হায়
ভড়ালত ধানৰে দ'ম।। অ' ঘৰ বান্ধিলোহে....
কতনা সপোনে ৰচিলোঁ বুকুতে
সুখতে পাৰ হ'ব দিন, অ' হায়
সুখতে পাৰ হ'ব দিন
আহিল বৰদৈচিলা
ঘৰ-দুৱাৰ উৰুৱাই নিলা
বানতে উটি গ'ল ঘৰ, অ হায়
বানতে উটি গ'ল ঘৰ।। অ' ঘৰ বান্ধিলোহে.....
বানে তুফানে মৰে
সৰ্বহাৰা চৰে চৰে
আমালৈ চাওঁতা নাই, অ' হায়
আমালৈ চাওঁতা নাই
কিনো অবিচাৰ হায়
ঘৰে ঘৰে নোটিচ যায়
ঘৰতে হ’লোহি পৰ, অ হায়!
ঘৰতে হ’লোহি পৰ।। অ' ঘৰ
বান্ধিলোহে...
ঘোষক- নোটিচ!
নোটিচ !! হিয়াৰিং! হিয়াৰিং!! কেউফালে হাহাকাৰ। প্ৰমাণ পত্ৰৰ হাহাকাৰ! বংগীয় মূলৰ অসমীয়া মুছলমানৰ অস্তিত্বৰ ওপৰত আহিল প্ৰশ্নবোধক চিহ্ন। এই অস্তিত্বৰ প্ৰশ্ন
এক মানৱতাৰ প্ৰশ্ন। আজিও অসমীয়া ভাষাক সাৰ-পানী দি জীয়াই ৰখাৰ দায়িত্ব বহন
কৰিছে বংগীয় মূলৰ এই মুছলমানসকলে। তেওঁলোকে ভাবে, বিদেশী খেদক আপত্তি নাই; কিন্তু বিদেশীৰ নামত হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা এই মুছলমানসকলৰ
ওপৰত হাৰাশাস্তি তেওঁলোকে সহজভাবে মানি ল'ব পৰা নাই। তেওঁলোকে বিচাৰে দেশৰ সমৃদ্ধি। সেয়ে হিন্দু- মুছলমান একে
লগ হৈ গাব খুজে-
সমবেত সংগীত
পুণ্যতীর্থ ভাৰতবৰ্ষ,
ভাৰতী আমাৰ আই
ভাৰততকৈ ধুনীয়া দেশ
ধৰাৰ ক’তো নাই
আইৰ তুলনা যে নাই
আইৰ ৰূপৰো শেষ নাই ।।
আমি হিন্দু ভাৰত বন্ধু, কৰোঁ যজ্ঞ-পূজা
আমি মুছলমান ভাৰত সন্তান, পঢ়োঁ নামাজ ৰোজা
কোৰাণ ফোৰকান বেদ পুৰাণ
(নাই,) নাই নাই ভেদাভেদ নাই। পুণ্যতীর্থ ভাৰতবৰ্ষ
......
আমি বৌদ্ধ, কৰো উদ্বুদ্ধ, অহিংসা ধর্ম-নীতি
আমি খ্ৰীষ্টান, যীশুৰ সন্তান, গীর্জাই আমাৰ গতি
ত্রিপিটক বাইবেল সকলো একেই
(নাই,) নাই নাই ভেদাভেদ নাই।। পুণ্যতীর্থ ভাৰতবৰ্ষ
.........
দ্রাবিড় বাঙালী বিহাৰী আমি, আমিয়ে অসমীয়া
তেলেগু পঞ্জাৱী ৰাজস্থানী, আমিয়ে
উৰিয়া
একেই দেহাত একেই তেজ
(নাই,) নাই নাই ভেদাভেদ নাই।। পুণ্যতীর্থ ভাৰতবৰ্ষ
.......
চাওঁতাল ভীল মুণ্ডা কোল আমিয়ে মিৰি
গাৰো
নগা কুকি গাৰোৱালী আমিয়ে মিজো বড়ো
একেই মাটিৰ সন্তান আমি
(নাই,) নাই নাই ভিন পৰ নাই।। পুণ্যতীর্থ ভাৰতবৰ্ষ
......
-অন্ত-
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন