অন্ধবিশ্বাস,কুসংক্কাৰ, ডাইনী হত্যা
অন্ধবিশ্বাস,কুসংক্কাৰ, ডাইনী হত্যা
সূচীপত্র
কাজিৰঙাৰ গঁড় হত্যাঃ
মেধাৱী ছাত্ৰীৰ আত্মহনন : একপর্যালোচনা-
অসম-নগালেণ্ড সীমা সমস্যাৰ কাৰণ আৰু ইয়াৰ সমাধান-
অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ডাইনী হত্যা-
ডাৱৰ বিস্ফোৰণ আৰু
কৃত্ৰিম বানপানী-
উত্তৰ-পূৰ্বঞ্চল বনাম সন্ত্রাসবাদ-
নলীয়াসকল আৰু কয়াকুছিৰ
ঢাৰি শিল্প-
জনজাতিকৰণ আৰু অসম-
মহিলাৰ ভোটাধিকাৰ-
মহিলাৰ ৰাজনৈতিক
অধিকাৰ আৰু আসন সংৰক্ষণ-
নাৰী নির্যাতন ৰোধৰ
বাবে কিছু চিন্তা-ভাৱনা-
কংগ্ৰেছৰ বিপৰ্যয়
আৰু অন্যান্য-
এয়া কেনে সভ্যতা-
প্রসংগঃ শিক্ষাৰ
অধিকাৰ আইন-২০০৯
বিজ্ঞানৰ দৃষ্টিত
নাৰী আৰু পুৰুষ-
সম নাগৰিক অধিকাৰ
আইন-
বিঃদ্রঃ প্ৰৱন্ধবোৰ
বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত প্ৰকাশিত
কাজিৰঙাৰ গঁড়
হত্যাঃ এক পর্যালোচনা
কাজিৰঙাত ধাৰাবাহিকভাবে সংঘটিত হৈ থকা গঁড় হত্যাই মাথোন গঁড়ৰ অস্তিত্বৰ প্ৰতিয়ে
ভাবুকি কঢ়িয়াই অনা নাই, অসম তথা ভাৰতবৰ্ষৰ মানুহৰ জীৱৰ প্ৰতি
থকা শ্ৰদ্ধা, প্ৰেম আৰু ঐতিহ্যৰ প্ৰতিও প্রশ্নবোধক চিহ্ন আনি
দিছে। গৌতম
বুদ্ধ, মহাবীৰ, সম্রাট অশোককে আদি কৰি প্ৰাচীন
ভাৰতীয় মনিষীসকলে জীৱৰ প্ৰতি যি শ্রদ্ধা আৰু প্ৰেমৰ আদৰ্শ দেখুৱাই থৈ গৈছে সেই আদর্শ
সংস্কৃতিৰ মূৰতো কুঠাৰাঘাত কৰিছে কাজিৰঙাৰ ধাৰাবাহিক গড় হত্যাই। খ্ৰীষ্টীয়
দ্বিতীয় শতাব্দীত সম্রাট অশোকে ভাৰতীয় কলা, চিত্র, ভাস্কর্য, স্থপতি আদিত জীৱ-জন্তুৰ
চিত্ৰ অংকন কৰাই বন্যপ্রাণী সংৰক্ষণৰ যি ঐতিহ্য সূচনা কৰিছিল মুষ্ঠিমেয় কেইজনমান চোৰাং
চিকাৰীৰ পাশৱিকতাৰ কাৰণে সেই ঐতিহ্য ভু-লুণ্ঠিত হোৱাৰ উপক্ৰম
হৈছে।
ভাৰতৰ বিভিন্ন অঞ্চলত সম্প্ৰতি ৬৯ খন ৰাষ্ট্ৰীয় উদ্যান আৰ ৩৯৩ খন অভয়াৰণ্য
আছে। এই ৰাষ্ট্ৰীয়
উদ্যান আৰু অভয়াৰণ্যসমূহে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ৪ শতাংশ ভূমি আগুৰি আছে। ইয়াৰে
গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙাই আগুৰি আছে ৪৩০ বৰ্গকিলোমিটাৰ এলেকা। অৱশ্যে
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু অবৈধ বেদখলৰ ফলত সম্প্ৰতি কাজিৰঙাৰ মাটিকালি বহু পৰিমাণে
হ্রাস পাইছে। সমগ্র
পৃথিবীত পোৱা পাঁচবিধ গঁড়ৰ ভিতৰত এশিঙীয়া গঁড় একমাত্ৰ অসমৰ কাজিৰঙা, মানাহ অভয়াৰণ্য, পশ্চিম বংগৰ দুখন সংৰক্ষিত বনাঞ্চল
আৰু নেপালৰ তৰাই অঞ্চলৰ চিটাৰণ উপত্যকাতহে পোৱা যায়। বর্তমান
এইবোৰ অঞ্চলত থকা ১৯৫০ টা গঁড়ৰ ভিতৰত একমাত্র কাজিৰঙাতে আছে ১২৫০ টা গঁড়। নেপালত
আছে ৪০০ টা আৰু বাকী গঁড়কেইটা আছে পশ্চিম বংগৰ সংৰক্ষিত বনাঞ্চলত। এয়া
২০১১ চনৰ তথ্য। এই এশিঙীয়া
গঁড়ৰ কাৰণেই কাজিৰঙা বিশ্ববিখ্যাত। লর্ড
কার্জনৰ সহধর্মীনি মেৰী কাৰ্জনৰ অনুৰোধ মৰ্মে ১৯০৫ চনৰ ১ জুনত ২৩২ বৰ্গকিলোমিটাৰ মাটিকালি
সামৰি কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু তিনি বছৰ পাছত অৰ্থাৎ
১৯০৮ চনত ইয়াৰ লগত পুনৰ ১৫২ বর্গকিলোমিটাৰ ভূমি সংযোগ কৰা হৈছিল। ১৯১৬
চনত ইয়াক সংৰক্ষিত বনাঞ্চল বিচাপে ঘোষণা কৰা হয় আৰু ১৯৩২ চনত ‘গেম চেঙ্কচুয়েৰী’ হিচাপে ঘোষণা কৰি সকলো ধৰণৰ চিকাৰ বন্ধ কৰি দিয়াৰ লগতে
পৰ্যটকক ইয়াৰ অভ্যন্তৰলৈ প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰা হয়। ১৯৫০
চনত কাজিৰঙাক ‘গেম চেঙ্কচুয়েৰী’ৰ পৰিৱৰ্তে ‘ওয়াইল্ড
লাইফ চেঙ্কচুয়েৰী’ নামেৰে নামকৰণ কৰা হয় আৰু ১৯৫৪ চনত অসম চৰকাৰে গঁড় হত্যা ৰোধৰ
বাবে এক বিল পাছ কৰে। ১৯৬৮
চনত অসম চৰকাৰে ‘নেচনেল পার্ক এক্ট’ পাছ কৰি কাজিৰঙাক নেচনেল পার্ক হিচাপে
ঘোষণা কৰে আৰু ১৯৭৪ চনৰ ১ জানুৱাৰীত ভাৰত চৰকাৰে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে
স্বীকৃতি প্রদান কৰে। ১৯৮৫
চনত ‘ইউনেস্কোই’ কাজিৰঙাক ‘ওয়ার্ল্ড
হেৰিটেজ’ এলেকা হিচাপে ঘোষণা কৰিছে। ২০০৫ চনত মহাধুমধামেৰে শতবৰ্ষ উদ্যাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ
গৰাখহনীয়া, অবৈধ দখল আৰু ঘৰচীয়া গৰু-ম'হৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত সম্প্রতি শতবৰ্ষ গৰকা কাজিৰঙাৰ গঁড়ৰ
বিচৰণ ভূমিৰ পৰিমাণ বহু হ্ৰাস হৈ আহিছে। বন্যপ্ৰাণীৰ
সুৰক্ষাৰ বাবে কাজিৰঙাত কে’বা খলপীয়া প্ৰশাসনিক আৰু সুৰক্ষাৰ বন্দোৱস্ত কৰা হৈছে। বোকাখাতৰ
মুখ্য কাৰ্যালয়ৰ পৰা কাজিৰঙাৰ প্রশাসনিক ব্যৱস্থা নিয়ন্ত্ৰণ কৰা হয়। বোকাখাতৰ
মুখ্য পৰিচালকগৰাকীক সঞ্চালক বোলা হয়। তেওঁ
কনজাৰভেটিভ পৰ্যায়ৰ বিষয়া। তেওঁৰ
তলত এজন ডিভিজনাল মুখ্য প্রশাসনিক কার্যকৰী বিষয়া আছে আৰু তেওঁক দুজন সহকাৰী কনজাৰভেটৰে
সহায় কৰে। পাকখন
চাৰিটা বেঞ্জত বিভক্ত-(১)ঘোঁৰাকাটি (বুঢ়া পাহাৰ) ৰেঞ্জ (২)
বগুৰি ৰেঞ্জ (৩) কঁহৰা ৰেঞ্জ
(৪) অগৰাতলি ৰেঞ্জ। এই ৰেঞ্জবোৰত
এজনকৈ ৰেঞ্জ ফৰেষ্টাৰ আছে। এই ৰেঞ্জবোৰ
আকৌ কে’বাটাও বীট আৰু উপবীটত বিভক্ত। বীট আৰু
উপবীটবোৰত ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে। এওঁলোকক
সহায় কৰাৰ কাৰণে কিছুদিন আগতে বিশেষ আৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ
উপৰিও চোৰাং চিকাৰীৰ গতি-বিধিৰ প্ৰতি লক্ষ্য ৰাখি ডাঁৰৰ খবৰ ডাঁৰতে দিয়াৰ কাৰণে
পাকখনৰ গাতে লাগি থকা প্ৰতিখন গাঁৱতে ইনফৰ্মাৰ আছে।
কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা পৰিচালনাৰ কাৰণে অসম আৰু ভাৰত চৰকাৰৰ ‘মিনিষ্টি অৱ ইনভায়ৰৰ্নমেণ্ট এণ্ড ফৰেষ্ট’ বিভাগে প্লেন আৰু নন্-প্লেন বাজেটৰ জৰিয়তে অর্থ যোগান ধৰে। পাৰ্কখনে ১৯৯৭-৯৮ বৰ্ষত একমাত্ৰ গঁড়ৰ সুৰক্ষাৰ নামত ১,০০,০০০ মার্কিন ডলাৰ লাভ কৰিছিল। ইয়াৰ
উপৰিও জাতীয় আৰু আন্তর্জাতিক বেচৰকাৰী সংস্থাৰ পৰাও পাকৰ্থনে বন্যপ্রাণী সুৰক্ষাৰ
নামত অতিৰিক্ত ধন লাভ কৰে।
কাজিৰঙাৰ সুৰক্ষাৰ
বাবে ইমানবোৰ বিভাগ, উপ-বিভাগ থকাৰ লগতে অসম চৰকাৰ,
ভাৰত চৰকাৰ, জাতীয় আৰু আন্তর্জাতিক সংস্থাৰ পৰা
পর্যাপ্ত অর্থ সাহায্য পোৱাৰ পাছতো ১৯৮০ চনৰ পৰা ২০০৫ চনলৈ কাজিৰঙাত চোৰাং চিকাৰীৰ
হাতত ৫৬৭টা গঁড় নিধন হৈছে। এক তথ্যত
প্ৰকাশ পাইছে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং
ৰাষ্ট্ৰীয় অভয়াৰণ্য, পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু মানস ৰাষ্ট্ৰীয়
উদ্যানত ১৯৮৫ চনৰ পৰা ২০১২ চনলৈ ৭৪৪ টা গঁড় চোৰাং চিকাৰীৰ লোভৰ বলি হৈছে। ২০০৭
চনত ১৮ টা গঁড় নিধন হোৱাৰ বিপৰীতে ২০১৩ চনত ২৯ টা আৰু চলিত বৰ্ষত বৰ্তমানলৈ ১৭ টা
গঁড় নিধন কৰা হৈছে। যোৱা
চৈধ্যটা বছৰত প্ৰায় আঢ়ৈ কুৰি চোৰাং চিকাৰী বনৰক্ষী বাহিনী মসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ
হোৱাৰ লগতে ১৯ জনকৈ চোৰাং চিকাৰী নিহত হৈছে। তথাপিও ধাৰাবাহিকভাবে গঁড় হত্যা সংঘটিত হৈয়ে আছে।
এই গঁড় হত্যাৰ লগত দেশী-বিদেশী চোৰাং চিকাৰীৰ লগতে উগ্রপন্থী
সংগঠন জড়িত থকাৰ কথাও মাজে-সময়ে পোহৰলৈ অহা দেখা যায়। বিগত
২০১৩ বৰ্ষৰ তেইছ মাৰ্চত খড়্গ কাটি নিয়া গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত গঁড় হত্যাৰ
লগত আৰক্ষী আৰু ৰাজনৈতিক নেতা জড়িত থাকিব পাৰে বুলি এগৰাকী শীর্ষ বিষয়াই এক বিস্ফোৰক
মন্তব্য কৰিছিল। এই মন্তব্যৰ
পাছত গঁড় হত্যাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে চি বি আইও নিয়োগ কৰা হৈছিল। কিন্তু
চি বি আইৰ তদন্ত ফোটোকাৰ ফেনত পৰিণত হ'ল—গঁড়ৰ চোৰাং চিকাৰ বন্ধ
নহ’ল। দুৰ্ভাগ্যৰ
কথা যে, গঁড় হত্যাৰ প্ৰতিবাদত এবাৰ নহয়, দুবাৰ নহয় কে’বাবাৰো ৰাইজ তথা জাতীয় দল-সংগঠন ৰাজপথলৈ
ওলাই আহিব লগা হৈছে। বনমন্ত্ৰীৰ
প্ৰতিকৃতিও দাহ কৰা হৈছে বহুবাৰ। কিন্তু
সকলো সমদল, প্রতিবাদ অৰণ্য ৰোদনত পৰিণত হৈছে আৰু গঁড় নিধন যজ্ঞ ধাৰাবাহিকভাবে
সংঘটিত হৈয়ে আছে। পৰিতাপৰ
কথা যে, বলিউডৰ ছুপাৰ ষ্টাৰ মিষ্টাৰ পাৰফেক্ট নামেৰে খ্যাত আমিৰ
খান কাজিৰঙালৈ আহি উদ্যানখনৰ প্ৰশংসাত পঞ্চমুখ হৈ থকাৰ সময়তো গঁড় নিধন কৰা হৈছিল। গঁড়
হত্যাৰ ধাৰাবাহিকতালৈ চাই এনেকুৱা ধাৰণা হৈছে যে, চোৰাং চিকাৰীয়ে যেন অসম চৰকাৰ তথা বনমন্ত্ৰীৰ বিৰুদ্ধেহে মুকলি বিদ্ৰোহ আৰম্ভ
কৰিছে। যোৱাটো
লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ শোচনীয়া পৰাজয়ৰ মূলতো কাজিৰঙাৰ গঁড় হত্যাই
বিশেষ ভূমিকা পালন কৰিছে বুলিও বহুতে ক'ব খোজে।
কিন্তু কিয় এই গঁড় হত্যা? এই ক্ষেত্ৰত আমি গঁড়ৰ সুৰক্ষাৰ
দায়িত্বত থকা বিষয়া-কৰ্মচাৰীকে পোনতে জগৰীয়া কৰিব লাগিব। কাৰণ
কৰ্মচাৰীসকলৰ কর্মবিমুখতা আৰু আন্তৰিকতাৰ অভাৱতে গঁড় হত্যা সংঘটিত হৈ আছে বুলি ক'ব পাৰি। উদাহৰণ
স্বৰূপে বোকাখাতত বোকাত আৱদ্ধ হৈ পৰা গঁড়টোৰ উদ্ধাৰৰ ক্ষেত্ৰত বন-কৰ্মীসকলে দেখুৱা দায়িত্বহীন আচৰণৰ কথাকে উনুকিয়াব পাৰি। বন-কৰ্মীসকলে গঁড়টোক বোকাৰপৰা তুলিব নোৱাৰাটো কর্মবিমুখতা আৰু আন্তৰিকতাহীনতাৰ
চৰম নিদর্শন নহয়নে বাৰু? এই ক্ষেত্ৰত চৰকাৰো কম জগৰীয়া নহয়,
কাৰণ চৰকাৰে কৰ্মচাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ চূড়ান্তভাবে ব্যর্থ হোৱাৰ
কাৰণেহে গঁড় হত্যা সংঘটিত হৈ আছে বুলি ক'ব পাৰি। কৰ্মবিমুখ
বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক শাস্তি গ্ৰহণৰ
ব্যৱস্থা কৰিলে হয়তো গঁড় হত্যা কিছু পৰিমাণে হ'লেও হ্রাস পাব
বুলি আশা কৰিব পাৰি।
গঁড় হত্যাৰ অন্যান্য কাৰণৰ ভিতৰত সহজে ধন ঘটাৰ লালসাৰ লগতে গঁড়ৰ খড়্গৰ প্ৰতি
থকা অন্ধবিশ্বাসকে মূলতঃ দায়ী কৰিব পাৰি। গঁড়ৰ
খড়্গৰ আঙুঠি ধাৰণ কৰিলে যৌনশক্তি বৃদ্ধি পায় বুলি আমাৰ দেশৰ লগতে বিশ্বৰ কিছুসংখ্যক
বেৰৰ মাজত অন্ধ বিশ্বাস প্রচলিত আছে। যাৰ ফলত
যৌনশক্তি বৃদ্ধিৰ বাবে দেশী-বিদেশী এচাম ধনকুবেৰে বুজন
পৰিমাণৰ ধন খৰচ কৰি গঁড়ৰ খড়্গৰ আঙুঠি ধাৰণ কৰে। যাৰ ফলত
আন্তর্জাতিক বজাৰত গঁড়ৰ খড়্গৰ মূল্য প্রতিনিয়ত অস্বাভাৱিকহাৰে বৃদ্ধি পাই আছে। ইয়াৰে
সুযোগ লৈ এচাম ধনলোভী অসাধু ব্যৱসায়ীয়ে সহজে ধন ঘটাৰ উপায় হিচাপে গঁড়ৰ খড়্গৰ ব্যৱসায়
আৰম্ভ কৰিছে আৰু সিহঁতেই চোৰাং চিকাৰীক গঁড় হত্যাৰ বাবে উৎসাহিত কৰি আছে। সেয়ে
ধন কুবেৰসকলৰ বিকৃত মানসিকতা আৰু ব্যৱসায়ীসকলৰ লোভৰ বাবেই গঁড় নিধন যজ্ঞ চালি আছে
বুলি ভবাৰ থল আছে। গতিকে
গঁড় হত্যা বন্ধ কৰিবলৈ হ’লৈ প্ৰথমতে গঁড়ৰ খড়্গৰ প্ৰতি থকা অন্ধবিশ্বাস আঁতৰ কৰাৰ
কাৰণে উদ্যোগ গ্রহণ কৰিব লাগিব। গঁড়ৰ
খড়্গই যে প্ৰকৃতাৰ্থত যৌনশক্তি বৃদ্ধিত সহায় নকৰে এই কথা আমি বৈজ্ঞানিকভাবে বিশ্লেষণ
কৰি অন্ধবিশ্বাসীৰ আগত উপস্থাপন কৰাৰ লগতে গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায় বন্ধ কৰাৰ বাবে
উদ্যোগ গ্রহণ কৰিব লাগিব। ইয়াৰ
লগতে স্থানীয় জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লগতে চোৰাং চিকাৰী আৰু খড়্গৰ চোৰাং ব্যৱসায়ীৰ
বিচাৰৰ কাৰণে ফাষ্টট্ৰেক কোর্ট স্থাপন কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা
কৰিব লাগিব।
এইবাৰ কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ কাজিৰঙা ভ্রমণে প্রকৃতিপ্রেমীসকলৰ
মনত কিছু পৰিমাণে হ'লেও আশাৰ সঞ্চাৰ কৰিছে বুলি ক’ব পাৰি। বনমন্ত্ৰী
গৰাকীয়ে ফ্ৰেণ্ডচ্ অৱ ৰাইনো মুভমেণ্ট ক্লাৱ গঠন, গঁড়ৰ সুৰক্ষাৰ বাবে ক’ৰিডৰত উৰণীয়া সেতু নির্মাণ, গঁড়ৰ
সুৰক্ষাৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, চিচি টিভিৰ ব্যৱস্থা, চিবিআই তদন্ত, বনকৰ্মীৰ স্বাস্থ্যবীমাৰ ধন কেন্দ্ৰৰ পৰা যোগান ধৰাকে আদি কৰি কে’বাটাও গুৰুত্বপূর্ণ
পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰি গৈছে। এইবোৰ
কাৰ্যকৰী কৰা হ’লে গঁড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা হ’ব বুলি আশা কৰিব
পাৰি। আমাৰ
জাতীয় সংগঠনসমূহেও এই ক্ষেত্ৰত ফলপ্রসূ ভূমিকা পালন কৰিব লাগিব। প্ৰতিটো
গঁড় হত্যাৰ পাছে পাছে মাথোন ৰাজপথলৈ ওলাই আহিলেই নহ'ব, প্ৰয়োজনত গঠনমূলক পৰামৰ্শও আগবঢ়াব লাগিব।
কাজিৰঙাৰ ধাৰাবাহিক গড় হত্যাই মাথোন গড়ৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি সৃষ্টি
কৰা নাই, দেশৰ অৰ্থনীতি তথা স্থানীয় লোকৰ জীৱিকাৰ প্ৰতিও ভাবুকি
সৃষ্টি কৰিছে। বিশ্ব
তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা প্ৰতি বছৰ এক বুজন সংখ্যক পর্যটক কাজিৰঙাৰ এশিঙীয়া
গঁড় দৰ্শন কৰিবলৈ আহে। ফলত কাজিৰঙাৰ
আশে-পাশে হোটেল ব্যৱসায়ৰ লগতে বিভিন্ন ব্যৱসায় গা কৰি উঠিছে। ‘ইনচাইক্লোপেডিয়া’ৰ তথ্য অনুসৰি পাৰ্কৰ সীমাৰ ভিতৰত চৰকাৰদ্বাৰা
পৰিচালিত চাৰিখন হোটেলৰ লগতে সীমাৰ বাহিৰত সৰু-বৰ প্ৰায় ৩১ খন
হোটেল বা ল’জ আছে। এই হোটেল
আৰু ল’জবোৰত তিনি শতাধিক মানুহ কৰ্মৰত হৈ আছে। ইয়াৰ
উপৰিও স্থানীয় ৰাইজৰ বহুতে পর্যটকসকলক থকা-খোৱাৰ সুবিধা কৰি দিওঁ
দুপইচা উপাৰ্জন কৰি আছে। স্থানীয়
লোকৰ সত্তৰখন বাহন কাজিৰঙাৰ অভ্যন্তৰত প্ৰৱেশৰ বাবে অনুমোদন (পাৰমিট) আছে। ফলত চালক
আৰু গাইডৰ কাম কৰিও বহুতে জীৱিকা নির্বাহ কৰি আছে। বিভিন্ন
এলেকাত ২৬ খন দোকান আছে। সেইসমূহ
দোকানত স্থানীয় তাঁতৰ কাপোৰৰ লগতে হস্তশিল্পৰ বিভিন্ন সামগ্রী বিক্ৰী কৰা হয়। ইয়াৰ
উপৰিও বন-জংঘল চাফা, বিশেষকৈ জীৱ-জন্তুৰ বিচৰণৰ কাৰণে অতিকৈ ক্ষতিকাৰক লাজুকীলতা বন গুচোৱাৰ বাবে বিভিন্ন ৰেঞ্জত
প্রতিদিন ১০০ পৰা ২০০ জনলৈকে শ্রমিক কৰ্মৰত হৈ আছে। বানাঞ্চল
এলেকাত দলং, কালভার্ট আদি নিৰ্মাণৰ বাবেও বহু শ্রমিক সময়ে সময়ে নিয়োজিত
হৈ আহিছে। পাৰ্কৰ
অভ্যন্তৰত জীপাদিৰ চোৱা-চিতা আৰু সুৰক্ষাৰ বাবেও ১৫ জন মানুহে কৰ্ম সংস্থানৰ সুবিধা
পাইছে। বনাঞ্চলৰ
গাতে লাগি থকা গাঁওসমূহৰ পৰা বহুতে 'ইনফৰ্মাৰ'ৰ ভূমিকা পালন কৰি আৰ্থিকভাবে লাভবান হৈ আছে। ধাৰাবাহিক
গঁড় হত্যাৰ ফলত পৰ্যটকৰ গঁড়ৰ প্ৰতি আকৰ্ষণ কমি গ’লে এইসকল লোকৰ কৰ্মসংস্থানলৈও ভাবুকি
অহাটো স্বাভাৱিক। সেয়ে
এইসকল লোকে নিজৰ কৰ্মসংস্থানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য কৰি হ’লেও গঁড়ৰ সুৰক্ষাৰ কাৰণে
আন্তৰিকতাৰে কাম কৰা উচিত। অসম তথা
কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাৰ লগতে অসমৰ ৰাইজ বিশেষকৈ পাৰ্কৰ সীমামূৰীয়া গাঁওসমূহৰ
ৰাইজ আৰু জাতীয় সংগঠনৰ আন্তৰিকতাৰ ওপৰতে বর্তমান গঁড়ৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে।
(নিয়মীয়া বাৰ্তা- ১৯-০৯-২০১৪)
মেধাৱী ছাত্ৰীৰ
আত্মহননঃ এক পর্যালোচনা
পৰীক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰি সমাজ তথা অভিভাৱকৰ মুখা-মুখি হোৱাৰ ভয়ত লিজাক্ষী, পাপিয়া, কৃষ্ণা ৰায়ৰ দৰে মেধাৱী ছাত্ৰীৰ আত্মহত্যাৰ পাছত সৌ সিদিনা গুৱাহাটীৰ আই আই
টিৰ ছাত্ৰৰ আত্মহত্যাই সমগ্ৰ ৰাজ্যব্যাপী চাঞ্চল্য সৃষ্টি কৰাৰ লগতে অভিভাৱক তথা বৌদ্ধিক
মহলক ভবাই তুলিছে। কবিগুৰু
ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছে- ‘মৰিতে চাহিনা আমি এই সুন্দৰ ভুৱনে, মানবেৰ তৰে আমি বাচিবাৰ চাই।’ যিকোনো মূল্যৰ বিনিময়ত মানুহে এই বিনন্দীয়া পৃথিবীত জীয়াই থাকিব বিচাৰে। ৰোগ-ব্যাধি হ’লে জীয়াই থকাৰ কাৰণে লাখ লাখ টকা খৰচ কৰে। কিন্তু
প্রশ্ন হয়, য’ত এচাম মানুহে যিকোনো মূল্যৰ বিনিময়ত জীয়াই থকাৰ কাৰণে
অহৰহ সংগ্রাম অব্যাহত ৰাখিছে, ত’তেই আকৌ আন এচামে আত্মহননৰ দৰে
চৰম পথ বাচি লৈছে কিয় ?
মানুহ পাৰিপাৰ্শ্বিক পৰিৱেশৰ দ্বাৰা নিয়ন্ত্রিত। সেয়ে
মানুহৰ চাল-চলন, আচাৰ-বিচাৰ,
ৰীতি-নীতি আদি পৰিস্থিতি সাপেক্ষ হোৱাটো প্রয়োজন। পৰিস্থিতি
আকৌ প্ৰকৃতিৰদ্বাৰা নিয়ন্ত্রিত। সেয়ে
মানুহে জীয়াই থকাৰ কাৰণে প্ৰকৃতিৰ সাহায্য লয়। প্ৰকৃতিৰ
ভিতৰৰ শক্তিসমূহ মানুহে ধী-শক্তিৰ জৰিয়তে নিজৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰে আৰু যিবোৰ
প্ৰাকৃতিক শক্তিক মানুহে নিজৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰিব নোৱাৰে, সেইবোৰ শক্তিক শত্ৰু জ্ঞান কৰে। ফলত সাম্ভাৱ্য
ক্ষতিকাৰক শক্তিসমূহক দূৰলৈ আঁতৰাই ৰাখি মানুহে স্বচ্ছন্দ্যে জীয়াই থকাৰ কাৰণে সূচল
পাৰিপাৰ্শ্বিক পৰিৱেশ সৃষ্টি কৰি লয়। এই সূচল
পাৰিপাৰ্শ্বিক পৰিৱেশক নিয়ন্ত্ৰণ কৰাৰ কাৰণে মানুহে সামাজিক পৰিৱেশ অর্থাৎ কিছুমান
ৰীতি-নীতি, আচাৰ-আচৰণ, পৰম্পৰা, আইন- কানুন সৃষ্টি কৰি লয়৷ যেতিয়াই মানৱসৃষ্ট সামাজিক পৰিৱেশৰ লগত এজন মানুহে
নিজক খাপ খুৱাই চলিব নোৱাৰা হয়, তেতিয়াই তাৰ মনত বিৰূপ মানসিক
দ্বন্দ্বই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। এই মানসিক দ্বন্দ্বৰ ফলত কেতিয়াবা মানুহ নৈৰাশ্যবাদী হৈ পৰে আৰু তেতিয়া
মানুহৰ মাজত পলায়নবাদী মন সক্ৰিয় হৈ উঠে। এই পলায়নবাদী মনেই মানুহক আত্মহননৰ বারে উৎসাহিত কৰে।
আত্মহত্যা ধর্মীয় দৃষ্টিত মহাপাপ আৰু আইনৰ চকুত অপৰাধ। সাধাৰণতে
পাৰিবাৰিক অশান্তি, দীর্ঘদিন দুৰাৰোগ্য ব্যাধিত ভোগী, অৰ্থাভাৱ, অন্যৰদ্বাৰা শাৰীৰিক, মানসিকভাবে নির্যাতিত আৰু শোষিত হৈ, প্ৰেমত ব্যৰ্থ হৈ,
যৌন নিৰ্যাতনৰ বলি হৈ অথবা কোনোবা দুর্বল মুহূর্তত সমাজৰ চকুত নিন্দনীয়
কোনো কার্য সংঘটিত কৰি লোক-লজ্জাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে মানুহে
আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয়। কিন্তু ছাত্ৰ-ছাত্ৰীৰ আত্মহনন? তথাপিও মেধাৱী ছাত্ৰীৰ!
ইয়াৰ অন্তৰালৰ ৰহস্য কি? সাম্প্রতিক কালত সঁচাকৈয়ে
ই এক বিৰাট সামাজিক সমস্যাৰূপে অভিভাৱক তথা বৌদ্ধিকমহলক চিন্তান্বিত কৰি তুলিছে। বৰ্তমান
শিক্ষা জগতত আহি পৰা নিষ্ঠুৰ প্ৰতিযোগিতামূলক মনোভাৱকে ইয়াৰ বাবে প্রধানতঃ দায়ী কৰিব
পাৰি।
শিক্ষা হ’ল ব্যক্তি বিশেষৰ আত্মসংস্কাৰৰ প্ৰক্ৰিয়া। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশ ঘটাই মানুহ এজনক নৈতিক, আদর্শবান আৰু সৎ চৰিত্ৰবান ব্যক্তি হিচাপে প্ৰক্ষেপ কৰাই হ’ল শিক্ষাৰ মুখ্য
উদ্দেশ্য। স্বামী
বিবেকানন্দই কৈছে- মানুহৰ মাজত ইতিপূর্বে থকা স্বর্গীয় পূর্ণতাৰ বিকাশেই
হৈছে শিক্ষা। গান্ধীজীৰ
মতে, মানুহৰ দেহ-মন আৰু আত্মাৰ সৰ্বোতোপ্ৰকাৰ
আৰু উৎকৃষ্ট উৎকৰ্ষ সাধনেই হৈছে শিক্ষা। ৰাধাকৃষ্ণনে
বুদ্ধিসত্ত্বাৰ প্ৰশিক্ষণ, অন্তৰৰ পৰিশোধন, আত্মাৰ অনুশাসন
কার্যকে শিক্ষা বুলি কৈছে। এইসকল
মনিষীৰ উক্তিৰ পৰা আমি ইয়াকে ক’ব পাৰোঁ যে, আকৃতিৰ মানুহ এজনক প্ৰকৃতিত
মানুহ হিচাপে গঢ়ি তুলি জীৱন যুদ্ধৰ সফল সেনানীৰূপে প্ৰক্ষেপ কৰাই হ’ল শিক্ষাৰ মুখ্য
উদ্দেশ্য।
ভাৰতীয় সংবিধানে অন্যান্য ক্ষেত্ৰৰ দৰে মানুহৰ সামগ্রিক বিকাশৰ বাবে শিক্ষাৰ
ক্ষেত্ৰতো সম-অধিকাৰ প্ৰদান কৰিছে। কিন্তু
চৰকাৰে উদাৰীকৰণ আৰু বিশ্বায়নৰ নামত ব্যক্তিকৰণৰ সুবিধা প্ৰদান কৰি শিক্ষাৰ ক্ষেত্ৰখনক
দেশী-বিদেশী ব্যৱসায়ীৰ হাতত তুলি দিছে। ফলত সম্প্ৰতি
শিক্ষাৰ ক্ষেত্ৰখনত এক নিয়ন্ত্রণহীন প্রতিযোগিতাৰ মনোভাৱ গা কৰি উঠিছে। এই প্রতিযোগিতামূলক
মনোভাৱে শিক্ষা ব্যৱস্থাক শিক্ষাৰ মহান উদ্দেশ্যৰ পৰা আঁতৰাই পণ্যলৈ পর্যবসিত কৰিছে। অন্তৰৰ
পৰিশোধন আৰু আত্মাৰ অনুশাসনৰ পৰিৱৰ্তে মানুহে শিক্ষাক ব্যৱসায়ৰ আহিলা হিচাপে ব্যৱহাৰ
কৰিবলৈ লৈছে আৰু পৰীক্ষাত ভাল নম্বৰ আহৰণ কৰি মেধাৱী হিচাপে পৰিচিত হোৱা এচাম ব্যক্তিয়ে
মানবিক আবেগ-অনুভূতিক জলাঞ্জলি দি দুর্নীতি ভ্ৰষ্টাচাৰেৰে শোষণ-শাসনৰ ৰাজত্ব চলাই ভোগসর্বস্ব জীৱনৰ প্ৰতি আকৃষ্ট হৈ পৰিছে। সমাজৰ
এক বুজনসংখ্যক অভিভাৱকে সম্প্রতি তেওঁলোকৰ সেই বৈষয়িক সাফল্যকে শিক্ষাৰ মূল উদ্দেশ্য
হিচাপে বিবেচনা কৰিবলৈ লৈছে আৰু নিজৰ সন্তানক আহিলা হিচাপে লৈ পৰীক্ষাত অধিক নম্বৰ
আহৰণৰ বাবে নিষ্ঠুৰ প্রতিযোগিতাত অৱতীৰ্ণ হৈছে।
চৰকাৰী বিদ্যালয়সমূহে নিজৰ সুনাম আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে সুনামৰ
লগতে নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্যখন প্ৰসাৰিত কৰাৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ
প্ৰতিযোগিতাৰ মনোভাৱক প্রোৎসাহিত কৰে। ফলত শিক্ষাৰ
প্ৰকৃত উদ্দেশ্য ইয়াত গৌণ হৈ পৰে— যিকোনো উপায়ে অধিক নম্বৰ আহৰণ কৰাটোহে ইয়াত মুখ্য
হৈ পৰে। গতিকে
ছাত্ৰ-ছাত্ৰীৰ ধী-শক্তি, ৰুচি-অভিৰুচি, মানসিকতাৰ প্ৰতি
ভ্রূক্ষেপ নকৰাকৈ শিক্ষক তথা অভিভাৱকসকলে ডাক্তৰ, ইঞ্জিনিয়াৰ
হোৱাৰ সপোন দেখুৱাই ছাত্ৰ-ছাত্ৰীৰ মনত নিষ্ঠুৰ প্ৰতিযোগিতাৰ মনোভাৱ
সৃষ্টি কৰে। ফলত ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি, বিদ্যালয় আৰু ঘৰখনৰ চাৰিবেৰৰ মাজত
আৱদ্ধ থাকি শিক্ষক আৰু অভিভাৱকৰ প্রত্যাশা পূৰ্ণ তথা অধিক নম্বৰ আহৰণৰ বাবে যন্ত্ৰৰ
দৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হয় আৰু প্ৰতিযোগিতাৰ ঘোঁৰাদৌৰত জীৱন পণ কৰি দৌৰিবলৈ আৰম্ভ
কৰে। এইসকল
ছাত্ৰ-ছাত্ৰী সমাজত থাকিও সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰে। ফলত এইসকল
ছাত্ৰ-ছাত্ৰীৰ বন্ধু-বান্ধৱৰ সংখ্যাও তেনেই
সীমিত হৈ পৰে আৰু নিসংগ জীৱনত অভ্যস্ত হৈ যন্ত্ৰৰ দৰে হৈ পৰে।
সকলো মানুহৰ ধী-শক্তি, মানসিক দৃঢ়তা
তথা অভিৰুচি একে নহয়। উচ্চ
ধী-শক্তিসম্পন্ন ছাত্র-ছাত্রীয়ে স্বাভাৱিকভাবেই
পৰীক্ষাত অধিক নম্বৰ আহৰণ কৰে আৰু সেই সাফল্যৰ ধাৰাবহিকতা অব্যাহত ৰাখিবলৈও সক্ষম হয়। কিন্তু
কম ধী-শক্তিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বহুতে
শিক্ষকৰ উৎসাহ আৰু অভিভাৱকৰ প্রত্যাশা পূৰণৰ বাবে বিষয়বস্তুৰ সম্যক জ্ঞান আহৰণ নকৰাকৈয়ে
মৰোঁ-জীউ সোঁ আধিকৈ একমাত্র মুখস্থ বিদ্যাৰ জৰিয়তে পৰীক্ষাত
কেতিয়াবা ভাল নম্বৰ আহৰণ কৰিবলৈ সক্ষম হয়। কিন্তু
এইসকল ছাত্র-ছাত্ৰীৰ কিছুমানে আকৌ সদায় সাফল্যৰ ধাৰাবাহিকতা অব্যাহত
ৰাখিব নোৱাৰে। কাৰণ
উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত ফেল অথবা নিন্ম নম্বৰ পোৱাৰ বহু উদাহৰণ আছে। এটা সময়ত
সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ পাছত সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ
স্তৰলৈ নামি যোৱাৰ ফলত তথাকথিত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ মনত অত্যধিক
মানসিক হেঁচা পৰাটো তেনেই স্বাভাৱিক। এই মানসিক হেঁচা সহ্য কৰিব নোৱাৰিয়ে ইয়াৰে দুই-এজন ছাত্ৰ-ছাত্ৰীয়ে আত্মহননৰ পথ বাচি লয় বুলি ভবাৰ
থল আছে। কিছুমান
প্রকৃত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আকৌ অভিভাৱক তথা শিক্ষকৰ প্ৰত্যাশা পূৰণত ব্যৰ্থ
হৈয়ো আত্মহননৰ দৰে চৰম পন্থা বাচি লোৱাৰ উদাহৰণ আছে। দিল্লীতে
এনেকুৱা আত্মহননৰ দৰে চৰম ঘটনা ঘটিছে। উচ্চ
মাধ্যমিকৰ বাচনি পৰীক্ষাত শতকৰা ৮৯.৩৩ নম্বৰ আহৰণ কৰাৰ পাছতো
অভিভাৱকে আৰু অধিক নম্বৰ আহৰণৰ বাবে হেঁচা প্ৰয়োগ কৰাত আত্মহনন কৰিবলৈ বাধ্য হৈছে।
অৱশ্যে পৰিৱেশ আৰু পৰিস্থিতিও ইয়াৰ কাৰণে দায়ী হ’ব পাৰে। মানৱ
জীৱনৰ ১২ বছৰৰ পৰা ১৮-১৯ বছৰলৈকে বিকাশৰ কালছোৱাক কৈশোৰ কাল বুলি ধৰা হয়। এই কৈশোৰ
কালছোৱাক আমেৰিকাৰ বিখ্যাত দার্শনিক ‘ষ্টেনলি হলে’ ধুমুহা আৰু
পীড়নৰ কাল বুলি কৈছে। এই কৈশোৰ
কালছোৱাত কিশোৰ-কিশোৰীৰ দৈহিক, মানসিক, বৌদ্ধিক, সামাজিক আৰু যৌনশক্তিৰ দ্ৰুততম বিকাশ হয় আৰু
ল'ৰা-ছোৱালী কল্পনা বিলাসী হৈ উঠে। বিকাশৰ
সকলো দিশতহোৱা দ্ৰুত আৰু প্ৰভাৱশালী পৰিৱৰ্তনে স্বাভাৱিকভাবেই কিশোৰ-কিশোৰীৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ প্ৰয়োজনৰ সৃষ্টি কৰে। এনে প্রয়োজন
পূৰণৰ ব্যৰ্থতাই তেওঁলোকৰ মাজত সমস্যা সৃষ্টি কৰে।পৰিৱৰ্তনৰ এই কালছোৱাত সন্মুখীন হোৱা পৰিৱেশ
আৰু পৰিস্থিতিৰ কদর্য আৰু বিপজ্জনক অৱস্থাও কিশোৰ-কিশোৰীৰ
বাবে ধুমুহা আৰু পীড়নৰ কাৰণ হ'ব পাৰে। কাৰণ
শিক্ষক, অভিভাৱক আৰু সমাজৰ অন্যান্য লোকসকলে কিশোৰ-কিশোৰীৰ দৈহিক, মানসিক পৰিৱৰ্তনসমূহক সহজভাবে মানি ল'ব নোৱাৰে। ফলত কিশোৰ-কিশোৰীৰ ইচ্ছা, অভিৰুচি পদে পদে সংঘাতৰ সন্মুখীন হয়। এই সংঘাত
অতিক্রম কৰাৰ বাবে ল'ৰা-ছোৱালী কেতিয়াবা বিদ্রোহী হৈ
উঠিব পাৰে, নাইবা সংঘাতৰ ওচৰত হাৰ মানি কেতিয়াবা পলায়নবাদী
মনোভাৱৰো চিকাৰ হ’ব পাৰে। এই পলায়নবাদী
মনোভাৱো ল'ৰা-ছোৱালীৰ আত্মহননৰ কাৰণ হ’ব পাৰে।
সেয়ে অভিভাৱক, সমাজ তথা শিক্ষকে নিজৰ প্ৰত্যাশা অনুসৰি
ল'ৰা-ছোৱালীৰ মানসিকতা সৃষ্টিৰ কাৰণে হেঁচা
প্ৰয়োগ নকৰি তেওঁলোকৰ ৰুচি- অভিৰুচি-বৌদ্ধিক
সামৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে তেওঁলোকৰ জীৱনৰ কৰ্মক্ষেত্ৰ নিৰ্দ্ধাৰণ কৰা উচিত। কাৰণ
একমাত্ৰ পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰি ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা আইএএছ বিষয়া হ’লেই যে এজন মানুহ জীৱনত সফল হ’ব পাৰে তাৰ
কোনো অর্থ নাই। পৰীক্ষাত
ভাল ফলাফল প্রদর্শন নকৰাকৈও সফলতা লাভ কৰাৰ কাৰণে ক্রীড়া, অভিনয়, শিল্প, সাহিত্য,
ৰাজনীতি, ব্যৱসায়কে আদি কৰি বহু লোভনীয় ক্ষেত্র
আছে। উপযুক্ত
বিষয় বাচনি, আত্মপ্রত্যয়, আৰু মানসিকভাবে দৃঢ়
হ’লে এইবোৰ ক্ষেত্ৰতো সফলতা অর্জন কৰি জীৱন সুখ-স্বচ্ছন্দ্যেৰে
ভৰাই তুলিব পাৰি। এগৰাকী
ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা আইএএছ বিষয়াই মাথোন এক বিশেষ পৰিসৰৰ
মাজত নিজৰ কৰ্মদক্ষতা বা যোগ্যতা প্রতিপন্ন কৰিব পাৰে; কিন্তু
এজন খেলুৱৈ, অভিনেতা, শিল্পী, সাহিত্যিক, ৰাজনীতিবিদ তথা ব্যৱসায়ীয়ে আন্তর্জাতিক
পৰ্যায়লৈ নিজৰ সফলতাৰ পৰিধি প্ৰসাৰিত কৰিব পাৰে।
উদাহৰণ স্বৰূপে জাতিৰ পিতা মাহত্মা গান্ধীৰ কথাকে উনুকিয়াব পাৰি। সকলোৱে
জানে যে, মাহত্মা গান্ধী ছাত্র হিচাপে মজলীয়া বিধৰ আছিল। কিন্তু
তেওঁ ছাত্ৰ হিচাপে মজলীয়া বিধৰ হ'লেও ৰাজনীতিজ্ঞ তথা দার্শনিক
হিচাপে এজন সফল ব্যক্তি। তেওঁৰ
ৰাজনৈতিক বিচক্ষণতাৰ বাবে তেওঁ মাথোন ভাৰতবৰ্ষতে নহয়, সমগ্র বিশ্বত সমাদৃত। তেওঁৰ
ব্যক্তিত্ব আৰু কৰ্মৰাজিত অনুপ্রাণিত হৈয়ে তেওঁক আমি আমাৰ জাতিৰ পিতা হিচাপে গ্রহণ
কৰিছোঁ। তেওঁৰ
আদৰ্শ অনুকৰণ কৰি আমি গৌৰৱ অনুভৱ কৰোঁ। খেলুৱৈ,, অভিনেতা, শিল্পী, সাহিত্যিক,
ৰাজনীতিবিদ তথা ব্যৱসায়ীৰ ক্ষেত্ৰতো সাফল্যৰ বহু উদাহৰণ আছে,
যিসকলে ছাত্ৰ হিচাপে ভাল নহৈও জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা অর্জন কৰিবলৈ
সক্ষম হৈছে। এনেবোৰ
উদাহৰণ আমি ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰি ছাত্ৰ-ছাত্ৰীৰ
মানসিক চাপ হ্ৰাস কৰাৰ কাৰণে যত্ন কৰা উচিত। অভিভাৱকৰ
ইচ্ছা আৰু প্ৰতাশা ছাত্ৰ-ছাত্ৰীৰ ওপৰত জাপি নিদি ছাত্ৰ-ছাত্ৰীৰ
ৰুচি-অভিৰুচি অনুসৰি বিষয়বস্তু বাচনিৰ বাবে ছাত্ৰ-ছাত্ৰীক স্বাধীনতা দিয়া উচিত। তেহে
ল’ৰা-ছোৱালীৰ সুস্থ বিকাশ আৰু সুস্থ মানসিকতা সৃষ্টি কৰা সম্ভৱ
হ’ব। ল’ৰা-ছোৱালীৰ সুস্থ বিকাশ হ’লে ছাত্ৰ জীৱনতো বাদেই পৰৱৰ্ত্তী জীৱনতো হাজাৰটা সমস্যাৰ
সন্মুখীন হৈয়ো আত্মহননৰ দৰে চৰম পথ বাচি লোৱাৰ কথা নাভাবিব, বৰং দৃঢ়তাৰে সমস্যা সমাধানৰ কাৰণেহে তৎপৰ হ’ব।
ছাত্ৰ-ছাত্ৰীৰ সুস্থ বিকাশৰ বাবে বৰ্তমানৰ পৰীক্ষা পদ্ধতিৰো
সংশোধন ঘটাব লাগিব। গ্রেড
পদ্ধতি (যিটো অহা বছৰৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়ত কাৰ্যকৰী কৰা
হ’ব বুলি জানিব পৰা গৈছে।)ৰ জৰিয়তে পৰীক্ষা পদ্ধতিৰ সংশোধন ঘটাই ছাত্ৰ-ছাত্ৰীৰ
মানসিক হেঁচা হ্ৰাস কৰিব লাগিব। একমাত্র
উচ্চ মেধা সম্পন্ন ছাত্র-ছাত্রীক ডাক্তৰ, ইঞ্জিনিয়াৰৰ বাবে
বাচনি নকৰি মধ্যম মেধা সম্পন্ন ছাত্র-ছাত্রীকো বাচনি পৰীক্ষাৰ
জৰিয়তে এইবোৰ ক্ষেত্ৰত সুযোগ দিব লাগিব আৰু শিক্ষক, অভিভাৱকে
অধিক নম্বৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পৰিৱৰ্তে
পাঠ্যপুথিত সন্নিৱিষ্ট প্রয়োজনীয় অৰ্হতা আহৰণৰ বাবেহে উৎসহিত কৰিব লাগিব। তেহে
ছাত্ৰ-ছাত্ৰীৰ আত্মহনন ৰোধ কৰা সম্ভৱ হ'ব।
(নিয়মীয়া বার্তা-২৭-১২-২০১২)
অসম-নগালেণ্ড সীমা সমস্যাৰ
কাৰণ আৰু ইয়াৰ সমাধান
উত্তৰ-পূব ভাৰতৰ ভিতৰত নগালেণ্ড সংকীৰ্ণ জাতীয়তাবাদ
আৰু বিভেদকামী শক্তিৰ কেন্দ্ৰ। দ্বিতীয়
বিশ্বযুদ্ধৰ আগলৈকে অৱশিষ্ট ভাৰতৰ লগত নগাসকলৰ সম্পৰ্ক খুবেই সীমিত আছিল। আধুনিক
উদ্যোগ আৰু অস্ত্ৰ শস্ত্ৰৰ বিষয়ে সিহঁতৰ জ্ঞান নাছিল। সিহঁতে
খাদ্য প্রস্তুত, কাপোৰ তৈয়াৰ আৰু ৰং কৰা তথা গৃহ নিৰ্মাণৰ কাৰণে অতি আওকলীয়া
পদ্ধতিৰ মাজত সীমাৱদ্ধ হৈ আছিল। গাঁৱৰ
কমাৰসকলে ভৈয়ামৰ পৰা লো সংগ্ৰহ কৰি নি দা, কুঠাৰ, ছেনী. চিমটা আদি তৈয়াৰ কৰিছিল আৰু সেইবোৰ কৃষিকৰ্ম,
চিকাৰ আৰু খাদ্য প্রস্তুতৰ কাৰণে ব্যৱহাৰ কৰিছিল। ব্ৰিচিছ
চৰকাৰে মিছনেৰীসকলৰ জৰিয়তে নগাসকলৰ মাজত শিক্ষা-দীক্ষা
প্ৰচাৰ-প্ৰসাৰৰ ব্যৱস্থা কৰিছিল যদিও বিভেদ আৰু শাসননীতিৰ আধাৰত
ভৈয়াম আৰু পাহাৰৰ জনজাতিসকলক পৰস্পৰৰ পৰা আঁতৰাই ৰাখিবলৈ যত্নপৰ হৈ আছিল। ফলত ব্ৰিটিছ
শাসন কালত নগালেণ্ডৰ এক বৃহৎ অংশ অসমৰ এখন জিলা আছিল যদিও অসমৰ মানুহৰ লগত নগাসকলৰ
বিশেষ সংশৱ নাছিল। দ্বিতীয়
বিশ্বযুদ্ধৰ পাছৰপৰা ভৈয়ামৰ লগত নগাসকলৰ সংযোগ ঘটিবলৈ আৰম্ভ কৰিছিল যদিও ব্ৰিটিছৰ
বিভেদ নীতিৰ ফলতে ভাবনাত্মক একতা সৃষ্টি হোৱা নাছিল। ফলত দেশ
স্বাধীন হোৱাৰ পাছত সমগ্ৰ দেশ যেতিয়া স্বাধীনতা প্রাপ্তিৰ আনন্দত আত্মহাৰা হৈ পৰিছিল, তেতিয়া নগালেণ্ডত ধীৰে ধীৰে বিদ্ৰোহৰ সূত্ৰপাত হৈছিল আৰু ই লাহে লাহে সমগ্ৰ
দেশত বিয়পি পৰিছিল। দেশ স্বাধীন
হোৱাৰ পাছতো নগালেণ্ড অসমৰে এখন জিলা হিচাপে ৰৈ আছিল; কিন্তু নগাসকলৰ এক প্রতিষ্ঠিত গোষ্ঠীয়ে ইয়াৰ বিৰোধিতা কৰিছিল। ফলত পাহাৰীয়া
অঞ্চলৰ উন্নয়নৰ কাৰণে ভাৰত চৰকাৰে জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লৈছিল। ১৯৫২
চনত জিলা পৰিষদখন উদ্ঘাটনৰ সময়ত নগাসকলে ইয়াৰ বিৰোধিতা কৰি এটা অংশই বেলেগ ৰাজ্য
আৰু কিছু সংখ্যকে স্বাধীন ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল।
স্বাধীন ৰাষ্ট্ৰৰ দাবীত ১৯৫৬ চনৰ ২২ মাৰ্চত ফিজোই ‘নগা
নেচনেল কাউন্সিল’ (নগা জাতীয় উন্নয়ন পৰিষদ) গঠন কৰি সংগঠিতভাবে বিদ্ৰোহৰ সূচনা কৰে। ফলত স্বাধীন
ভাৰতৰ ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত নির্বাচন আয়োগে নগালেণ্ডত নির্বাচন অনুষ্ঠিত
কৰিবলৈ সকলো বন্দৱস্ত কৰিছিল যদিও ফিজোৰ নেতৃত্বত নগাসকলে বিধান সভা আৰু লোকসভাৰ নিৰ্বাচনত
অংশ গ্ৰহণৰপৰা বিৰত আছিল। ১৯৫৭
চনৰ সাধাৰণ নিৰ্বাচনত এই দৃশ্যপট কিছু সলনি হয়। ১৯৫৭
চনৰ নিৰ্বাচনৰ আগে আগে নগা উন্নয়ন পৰিষদখন চৰ্মপন্থী আৰু নৰ্মপন্থী দুটা শিৱিত বিভক্ত
হয়। নৰ্মপন্থীসকলে
টি, এন, অংগামীৰ নেতৃত্বত ‘নগা নেচনেল অর্গেনাইজেশ্বন’ নামেৰে এটি ৰাজনৈতিক দল গঠন কৰি নিৰ্বাচনত অংশ
গ্ৰহণ কৰে। উক্ত
নিৰ্বাচনত নগা নেচনেল অর্গেনাইজেশ্বন’ দলৰ পৰা বিধান সভাৰ বাবে তিনিজন আৰু লোকসভাৰ
বাবে এজন সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
১৯৬০ চনত চৰমপন্থী বিদ্রোহী নগা আৰু সীমা সুৰক্ষা বাহিনীৰ মাজত সশস্ত্র সংঘর্ষ
আৰম্ভ হয়। ফলত লোকতন্ত্রত
বিশ্বাসী নমপন্থী নগাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে নগালেণ্ড সমস্যা গৌৰৱপূৰ্ণভাবে সমাধানৰ
কাৰণে ১৯৬৩ চনৰ ১১ ডিচেম্বৰত নগালেণ্ডক অসমৰ পৰা বিচ্ছিন্ন কৰি পৃথক নগালেণ্ড ৰাজ্য
গঠন কৰে। তেতিয়া
নগালেণ্ডৰ জনসংখ্যা আছিল মাথোন তিনি লাখ।
১৯৬৪ চনত নগালেণ্ডত প্রথম বিধান সভা নির্বাচন অনুষ্ঠিত হয়। 'নগা নেচনেল অর্গেনাইজেশ্বন’ আৰু নতুনকৈ গঠন হোৱা
‘ডেমোক্রেটিক অর্গেনাইজেশ্বন’ দলৰ মাজত ৪৬ খন বিধান সভা আৰু এখন লোকসভা
আসনৰ বারে প্রতিদ্বন্দ্বিতা হয়। উক্ত নির্বাচনত শীলু আওৰ নেতৃত্বত ‘নগালেণ্ড নেচনেল অর্গেনাইজেশ্বন’
চমুকৈ এন, এন, ও দলে চৰকাৰ গঠন কৰে। কিন্তু
এই নির্বাচনতো ফিজোৰ নেতৃত্বত এন, এন, চি (নগা নেচনেল কাউন্সিল)এ নির্বাচন
বৰ্জন কৰিছিল। গণতন্ত্রত
বিশ্বাসী নগাসকলে গণতন্ত্র প্রতিষ্ঠাৰ বাবে এফালে যেনেকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, আনফালে তেনেকৈ বিদ্রোহী সংগঠনবোৰে স্বাধীন সার্বভৌম ৰাষ্ট্ৰ গঠনৰ কাৰণে চেষ্টা
চলাই আছিল। ফলত সীমা
সুৰক্ষা বাহিনীৰ লগত নগা বিদ্রোহী গোটৰ ছেগা-চোৰোকাকৈ সংঘর্ষ সংঘটিত
হৈ আছিল।
১৯৬৯ চনত নগালেণ্ডত দ্বিতীয়বাৰৰ কাৰণে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। নির্বাচনৰ
আগে আগে এন, এন, ওৰ অসন্তুষ্ট সদস্য,
বিদ্রোহী নগা আৰু কিছু সংখ্যক নিৰপেক্ষব্যক্তিৰ সমন্বয়ত ‘ইউনাইটেড ফ্ৰণ্ট’ গঠন কৰা হয়। ফলত এন, এন, ও আৰু ‘ইউনাইটেড ফ্ৰণ্ট’ৰ মাজত
পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হয়। উক্ত নিৰ্বাচনত ভোটদান হৈছিল ৭৫ শতাংশ। এই নির্বাচনত
এন, এন, ও দলে হোকিচে চেমাৰ নেতৃত্বত
চৰকাৰ গঠন কৰে। এই চৰকাৰ
গঠনৰ পাছতো নগাসকলৰ এটা অংশ গণতন্ত্ৰৰ প্ৰতি আস্থাশীল হ’ব পৰা নাছিল। কাৰণ
তেওঁলোকে ধাৰণা কৰিছিল, যে নগালেণ্ডত নামতহে চৰকাৰ আছে, প্রকৃত শাসন চলাই আছে কেন্দ্ৰ চৰকাৰেহে।
১৯৭৪ চনৰ নিৰ্বাচনত নগালেণ্ডত বিধান সভা নির্বাচন অনুষ্ঠিত হয়। এই নির্বাচনৰ
সময়ত নগালেণ্ড নেচনেল অর্গেনাইজেশ্বনৰ অসন্তুষ্ট সদস্য আৰু বিদ্ৰোহী নগাৰ প্ৰতি সহানুভূতি
তথা সম্পৰ্কত থকা লোকসকলক লৈ ‘ইউনাইটেড ডেমোক্রেটিক
ফ্ৰণ্ট’ চমুকৈ ইউ ডি এফ গঠন কৰা হয়। এই নিৰ্বাচনত এনএনও আৰু ‘ইউনাইটেড ডেমোক্রেটিক
ফ্ৰণ্ট’ৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়। যাঠিজনীয়া সদস্যৰ বিধান সভাত ইউডিএফে ২৫ খন, এনএনও দলে ২৩ খন আৰু নিৰ্দলীয় প্রার্থীয়ে ১২ খন আসনত বিজয় সাৱ্যস্ত কৰে। সাতজনীয়া
নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ইউডিএফ দল সংখ্যা গৰিষ্ঠ হোৱাৰ পাছতো চৰকাৰ গঠনৰ ক্ষেত্ৰত
অনিশ্চয়তাই দেখা দিছিল। কাৰণ
ইউডিএফে চৰকাৰ গঠন কৰিলে ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি তেতিয়া বহুতে
ৰাষ্ট্ৰপতি শাসনৰ পোষকতা কৰিছিল। কিন্তু
বিপদৰ আশংকা থকা সত্ত্বেও চৰম সিদ্ধান্ত লৈ তেতিয়াৰ ৰাজ্যপাল এলপি সিঙে ইউডিএফ দলৰ
নেতা বিজোল অংগামীক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। ৰাজ্যপালে
তেতিয়াৰ পৰিস্থিতি এইদৰে বৰ্ণনা কৰিছে- ‘সংবিধান আৰু আইনৰ সীমাৰ
ভিতৰত থাকি কাম কৰিম বুলি ইউডিএফ দলৰ নেতাই ঘোষণা কৰাৰ পাছতো সঠিক নিৰ্ণয় লোৱাটো মোৰ
কাৰণে খুবেই টান কাম আছিল। মই ভাবিছিলো, সংবিধানৰ ভাবনা অনুসৰি বিশ্বস্ততাৰে পদক্ষেপ লোৱাটোৱে অধিক ভাল হ’ব,
লাগিলে পাছত মোৰ অনুমান ভুল বুলিয়ে প্রমাণিত নহওঁক কিয়, যাতে পাছত বিশ্বাস নকৰাটো গম্ভীৰ ভুল বুলি প্রমাণিত নহয়। মই ভাবিছিলো
যে, নগাসকলৰ দ্বাৰা ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰ প্ৰক্ৰিয়া
সম্পৰ্ণৰূপে স্বীকাৰ কৰোৱাটো আমাৰ কৰ্তব্য। সংবিধানৰ
মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ শপত লোৱাৰ পাছত সংবিধানৰ প্ৰতি ঘাতক প্ৰহাৰ কৰিলে তেওঁলোক
নিজেই বিফল হ’ব বুলি মই ধাৰণা কৰিছিলোঁ। মই ইয়াকো ভাবিছিলো যে, যদি মই সাংবিধানিকভাবে
কাৰ্য নকৰোঁ, তেনেহ'লে নগাসকলৰ এক বুজন
অংশই ভাৰতীয় সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি আস্থা হেৰাই পেলাব আৰু আমাৰ সংবিধানৰ বিশ্বসনীয়তাও
নষ্ট হৈ যাব। যদি নগাসকলে
সংবিধানৰ মৰ্যদা অক্ষুণ্ণ নাৰাখে, মোৰ পূৰা বিশ্বাস আছিল
যে, ইয়াৰ পৰিণাম হ’ব প্ৰচণ্ড হিংসা। সেই হিংসাত্মক
ঘটনাত অলেখ । প্রাণ
হানিৰ পাছত নিঃসন্দেহে নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি মই বিশ্বাস কৰিছিলো।
১৯৭৪ চনৰ নিৰ্বাচনত ইউডিএফে চৰকাৰ গঠনৰ পাছত সাংবিধানিক পদ্ধতিয়ে ভোটাৰৰ বাস্তৱিক
ইচ্ছা প্ৰভাৱান্বিত কৰে বুলি নগাসকলৰ মাজত বিশ্বাস গঢ় লৈ উঠে আৰু এনএনও দল কংগ্ৰেছৰ
লগত বিলীন হৈ যায়। ১৯৭৭
আৰু ৮২ চনৰ নিৰ্বাচনৰ পাছৰ পৰা এই ধাৰণা অধিক দৃঢ় হৈছে আৰু ৰাষ্ট্ৰীয় স্তৰৰ নীতিসমূহ
নগালেণ্ডত প্ৰয়োগৰ বাবে নগাসকল আগ্ৰহী হৈ উঠিছে। অৱশ্যে
ৰাজ্যৰ ভিতৰে আৰু বাহিৰে থকা অসন্তুষ্ট নগাসকলৰ কিছু কিছু মানুহ ভাৰতীয় সংবিধানৰ পৰা
ওলাই যোৱাৰ কাৰণে বর্তমানেও সংগ্রাম অব্যাহত ৰাখিছে আৰু মাজে-সময়ে উৎপাত কৰি অসম-নগালেণ্ড সীমান্ত অঞ্চল অস্থিৰ কৰি
ৰাখিছে। যাৰ ফলত
পৃথক ৰাজ্য গঠন হোৱাৰ পাছতো নগালেণ্ডত তিনিবাৰকৈ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লগা
হৈছে।
সম্প্রতি অসম-নগালেণ্ড সীমান্তত এটুকুৰা ভূমিক কেন্দ্ৰ
কৰি সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছত যি ধন-জন ক্ষতি হ’ল তাৰ বাবে
অসম-নগালেণ্ড সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফ,
আৰক্ষী প্রশাসন আৰু চোৰাংচোৱাৰ ব্যৰ্থতাৰ লগতে বিদ্রোহী সংগঠনবোৰে মূলতঃ
দায়ী। বিদ্রোহী
সংগঠনবোৰক কঠোৰ হাতেৰে দমন নকৰিলে যিমানে আলাপ-আলোচনা অনুষ্ঠিত নহওঁক
কিয়, সীমান্তত স্থায়ী শান্তি প্রতিষ্ঠা কৰা সম্ভৱ নহ'ব বুলি ভবাৰ থল আছে।
অসম, নগালেণ্ড, মেঘালয়,
মণিপুৰ, অৰুণাচল, ত্ৰিপুৰা
আৰু মিজোৰাম পুৰ্বোত্তৰ ভাৰতৰ অন্তৰ্গত। এই ৰাজ্যসমূহৰ
মাজত সম্প্ৰীতি ৰক্ষা, আৰ্থিক উন্নয়ন আৰু সুৰক্ষাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে
কে’বাটাও পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপ
কেইটাৰ ভিতৰত মুখ্য হ’ল- ১৯৭২ চনৰ ৭ নৱেম্বৰত পূৰ্বোত্তৰ কাউন্সিল গঠন,
একেখন উচ্চ ন্যায়ালয়ৰ অধীনত ৰখাৰ ব্যৱস্থা, অসমখনক
খণ্ড-বিখণ্ড কৰি নগালেণ্ড, মিজোৰাম,
মেঘালয় আৰু অৰুণাচল প্রদেশ গঠন আদি। এইকেইটা
পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এই ৰাজ্যসমূহৰ মাজত সম্প্ৰীতি ৰক্ষা কৰা সম্ভৱ হোৱা নাই। মাথোন
নগালেণ্ডে নহয়, মেঘালয় আৰু অৰুণাচলৰ লগতো আমাৰ সীমা বিবাদ চলি আছে। নগালেণ্ডৰ
লগত ইতিপূৰ্বেও অসম আৰক্ষী আৰু নগা আৰক্ষীৰ মাজত সীমা সমস্যা লৈ সংঘর্ষ হৈ গৈছে। একেখন
ভাৰতৰ নাগৰিক হৈয়ো যেন আমি পৃথক পৃথক ৰাষ্ট্ৰতহে বসবাস কৰি আছো এনেকুৱা মানসিকতা আমাৰ
মাজত বদ্ধমূল হৈ আছে। এই ৰাজ্যসমূহৰ
মাজত আমি ভাৱনাত্মক একতা সৃষ্টি কৰিবলৈ ব্যৰ্থ হোৱাৰ কাৰণেই এনেকুৱা মানসিকতা আমাৰ
মাজত বদ্ধমূল হৈ আছে বুলি ধাৰণা কৰিব পাৰি।
বিভেদ আৰু শাসন নীতিৰ আধাৰত প্ৰথমে ব্ৰিটিছে পাহাৰীয়া জনজাতি আৰু ভৈয়ামৰ
মানুহৰ মাজত ভাৱনাত্মক একতা সৃষ্টিৰ ক্ষেত্ৰত বাধাৰোপ কৰিছিল। ব্ৰিটিছে
পাহাৰীয়া এলেকাত নূন্যতম শাসনৰ ব্যৱস্থা কৰি খ্ৰীষ্টান মিছনেৰীসকলক জনকল্যাণ আৰু ধাৰ্মিক
কামৰ বাবে উৎসাহিত কৰিছিল। অন্তৰ্ৱৰ্তী
সীমা ৰেখা সৃষ্টি কৰি ব্ৰাহ্মণ আৰু গোসাঁইসকলক তালৈ যাবলৈ নিৰুৎসাহিত কৰিছিল। ফলত ৰামায়ণ-মহাভাৰতৰ পৰম্পৰা সিহঁতৰ মাজত বিয়পিব পৰা নাছিল । এই নীতি
ইমানইে বলিষ্ঠভাবে পালন কৰা হৈছিল যে, ভাৰতৰ জাতীয় স্বাধীনতা
আন্দোলনো সিহঁতৰ মাজত বিয়পিব পৰা নাছিল। জৱাহৰলাল
নেহৰুৱে এই স্থিতিৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে ‘আধা শতাব্দী বা তাতকৈ অধিক কাল দেশত স্বাধীনতা সংগ্রাম চলিছে আৰু তাৰ পাছত
আমি স্বাধীনতা লাভ কৰিছো।......আমি স্মৰণ কৰা উচিত যে, আমাৰ এই অনুভৱ আদিবাসী ক্ষেত্ৰলৈ
ঢুকি পোৱা নাছিল। ব্ৰিটিছে
আমাক সিহঁতৰ মাজলৈ যাবলৈ দিয়া নাছিল, যাতে স্বাধীনতা আন্দোলন
সিহঁতৰ মাজলৈ বিয়পিব নোৱাৰে। সিহঁতৰ
মাজলৈ মাথোন উৰা বাতৰিহে বিয়পিছিল। ফলত কেতিয়াবা
সিহঁতৰ প্ৰতিক্ৰিয়া সঠিক আছিল আৰু কেতিয়াবা ভুল আছিল৷ পাছত প্রশ্ন এয়া নহয় যে. সিহঁতে ভুল কৰিছে, নে ঠিক কৰিছে! স্বাধীনতাৰ উদ্দেশ্য আছিল মুক্তিকামী শক্তিক জাগ্রত কৰা, এইবোৰ অঞ্চলত সেয়া সম্ভৱ হোৱা নাছিল, বিশেষকৈ সীমান্তৱৰ্তী
আদিবাসী ক্ষেত্ৰলৈ, যিবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আদিবাসী ক্ষেত্ৰ
আছিল। পৰিণাম
এয়ে হৈছে যে বিগত ত্রিশ, চল্লিশ অথবা পঞ্চাশ বছৰত ভাৰত যি ধৰণৰ বিভিন্ন পৰিৱৰ্তনৰ
কাৰণে মনোবৈজ্ঞানিক ৰূপত প্ৰস্তুত হৈ আছে, এই সীমান্তৱৰ্তী ক্ষেত্রসমূহ
তেনেকৈ প্ৰস্তুত হ’ব পৰা নাই। সঁচা
কথা ক’বলৈ গ'লে, ব্ৰিটিছ শাসক আৰু মিছনেৰীসকলে
এওঁলোকক বেলেগ ধৰণে প্ৰস্তুত কৰিছে। মিছনেৰীসকলে তাত বহু ভাল কাম কৰিছে আৰু মোৰ মনত তেওঁলোকৰ সেই কামৰ প্ৰশংসাও
আছে, পাছত ৰাজনৈতিক দৃষ্টিত ভাৰতত হোৱা পৰিৱৰ্তন তেওঁলোকৰ
(ব্ৰিটিছৰ)ভাল লগা নাছিল৷ প্ৰকৃতাৰ্থত যেতিয়া
ভাৰতত পৰিৱৰ্তন হৈ আছিল, তেতিয়া পূৰ্বোত্তৰ ভাৰতৰ মানুহ,
স্থানীয় বিদেশীসকলৰ দ্বাৰা প্রোৎসাহিত হৈ পূৰ্বোত্তৰ ক্ষেত্ৰত স্বাধীন
ৰাষ্ট্ৰ স্থাপনৰ কাৰণে আন্দোলন কৰিছে।
এয়া আছিল ব্ৰিটিছ শাসন কালৰ কথা। পাছৰ
পৰ্যায়তো ভাৰত স্বাধীন হোৱাৰ পাছত ষষ্ঠ অনুসূচীৰ আধাৰত প্ৰস্তাৱিত স্বায়ত্ব শাসনৰ
নীতিয়ে জনজাতিসকলক অ-জনজাতিসকলৰ পৰা কিছু হ’লেও আঁতৰাই ৰাখিছে। এই ধাৰণা
মোৰ নিজৰ নহয়। সংবিধানৰ
ষষ্ঠ অনুসূচী পাছ কৰাৰ সময়তে এই ধাৰণা কৰা হৈছিল। ১৯৪৬
চনৰ ৬ চেপ্তেম্বৰত বহা সংবিধান সভাত অসমৰ এগৰাকী সদস্য ৰোহিণী কুমাৰ চৌধুৰীয়ে ষষ্ঠ
অনুসূচীৰ আধাৰত প্রস্তাৱিত স্বায়ত্বশাসন সম্পর্কে এইদৰে কৈছিল- ‘এই স্বায়ত্বশাসন হ’ল এপাত অস্ত্ৰ, যাৰদ্বাৰা জনজাতি
লোকসকলক চিৰকালৰ কাৰণে অ-জনজাতীয় লোকৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা
কৰা হৈছে, আৰু স্বাধীনতা প্রাপ্তিৰ পাছত যি বন্ধুত্বৰ এনাজৰীডাল
গঢ়ি উঠিব বুলি আমি আশা কৰিছিলোঁ, সেয়া ছিন্ন-ভিন্ন হৈ যাব। ব্ৰিটিছৰ
দিনত আমাক আমাৰ কৃষ্টি এই লোকসকলৰ মাজত সুমুৱাই দিবলৈ সুযোগ দিয়া নাছিল, এতিয়া ব্ৰিটিছসকল যোৱাৰ পাছত ড০ অম্বেদকাৰৰ নতুন সংবিধানতো আমি একেটাই অৱস্থা
দেখিবলৈ পাইছো।”
আমাৰ সীমামূৰীয়া ৰাজ্যসমূহৰ মানসিকতালৈ চালে ৰোহিণী কুমাৰ চৌধুৰীৰ ধাৰণা যে
আংশিকভাবে হ’লেও সঠিক আছিল, এই কথা নুই কৰিব নোৱাৰি।
এৰি দিয়া কাঁড় ওভতাই অনা যেহেতু সম্ভৱ নহয়, গতিকে
আমি সাংস্কৃতিক আদান-প্রদানৰ জৰিয়তে জনজাতিসকলৰ লগত ভাৱনাত্মক
একতা সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিব লাগিব আৰু লগতে ৰাষ্ট্ৰীয় একতা আৰু আৰ্থিক বিকাশৰ
কাৰণে বিদ্রোহী সংগঠনসমূহক কঠোৰ হাতেৰে দমন কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ
ইয়াৰ মাজতে উত্তৰ-পূব ভাৰত তথা আমাৰ কল্যাণ নিহিত হৈ আছে।
(গণ অধিকাৰ- ২৯-০৮-২০১৪)
অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ডাইনী হত্যা
সিদিনা কৰ্বি আংলঙৰ চেৰেকুলি গাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দেৱযানি বৰাক
ডাইনী সন্দেহত নামঘৰত চলোৱা নিৰ্যাতনে সমগ্ৰ দেশত তোলপাৰ লগাই থকাৰ সময়ত ২৪ অক্টোবৰত
তিনিচুকীয়াত আকৌ একেধৰণৰ ঘটনা সংঘটিত হৈ গ'ল। যোৱা
দেওবাৰে নিশা পুনৰ গোসাঁই গাঁৱৰ ফুলকুমাৰী গাঁৱত ডাইনী সন্দেহত সোম মুর্মু আৰু ফুলমণি
মুমূক আততায়ীয়ে নৃশংসভাবে হত্যা কৰি চোতালত পেলাই থৈ গ'ল। এইবোৰ
ঘটনাৰ ৰেশ মাৰ নৌযাওঁতেই সোমবাৰৰ নিশা চিৰাং জিলাৰ পাণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চাৱাই
হাডান গাঁৱত ডেংগী বসুমতাৰী নামৰ সত্তৰ বছৰীয়া বৃদ্ধা এগৰাকীক চোকা অস্ত্ৰৰে ৰেপি
হত্যা কৰি শোৱাপাটীতে পেলাই থৈ গ'ল। উজনিৰ
আন এটা পৰিয়ালো ডাইনী নিৰ্যাতনৰ বলি হৈ সম্প্ৰতি গাঁও এৰি পলাই ফুৰিব লগা হৈছে। ফলত অক্টোবৰ
মাহটোক ডাইনী নিৰ্যাতনৰ মাহ বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব।
ডাইনী সন্দেহত নির্যাতন বা হত্যাকাণ্ড সংঘটিত কৰা ঘটনা অসমত এয়াই প্রথম নহয়। অসম চৰকাৰৰ
তথ্য অনুসৰি ২০০১ চনৰ জুন মাহৰ পৰা বৰ্তমানলৈকে ডাইনী সন্দেহত পাঁচ শতাধিক পুৰুষ মহিলাক
ডাইনী সন্দেহত হত্যা কৰা হৈছে। ২০০৬
চনৰ পৰা ২০১২ চনলৈ ১০৫ টা ডাইনী হত্যাৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু ইয়াৰে সৰ্বাধিক
২৯ টা গোচৰপঞ্জীয়ন কৰা হৈছিল ২০১১ চনত। এই ২৯ টা গোচৰৰ ভিতৰত আকৌ ২০ টা কেছেই পঞ্জীয়ন কৰা হৈছিল কোকৰাঝাৰ জিলাত। ২০১১
চনৰ আগষ্ট মাহত সংঘটিত সুখশ্রী বসুমতাৰী আৰু বীৰেণ বসুমতাৰীৰ হত্যাকাণ্ডৰ পাছত অসম
চৰকাৰে ফাষ্টট্ৰেক কোর্ট স্থাপন আৰু হেল্প লাইন খোলাৰ কথাও ঘোষণা কৰিছিল। উক্ত
দম্পত্তিক ১৫ জনীয়া দুবৃত্তৰ দলে জীয়েক ৰিমিলা বসুমতাৰীৰ চকুৰ আগতে হত্যা কৰিছিল। ২০০৭
চনত ৰঞ্জিতা বসুমতাৰী নামৰ এগৰাকী শিক্ষয়িত্ৰীক ডাইনী সন্দেহত ১০০ জনীয়া দুর্বৃত্তৰ
দলে মাৰপিট কৰি পেলাই থৈ যোৱাৰ পাছত কোনোমতে প্রাণ লৈ পলাই সাৰিবলৈ সক্ষম হৈছিল দুৰ্ভগীয়া
শিক্ষয়িত্ৰী গৰাকী। কিছুদিন
আগতে শিলচৰৰ নাৰায়ণপুৰ চাহ বগিচাত ২০০০ জন লোকৰ সন্মুখত জৱাহৰলাল মুৰা নামৰ এগৰাকী
বৃদ্ধক কালীমাতাৰ নামত বলি দিছিল। সংস্কৃতিৰ
প্ৰাণ কেন্দ্ৰ মাজুলীত ডাইনীৰ নামত নানা ধৰণৰ অসামাজিক ঘটনা সংঘটিত হৈ থকা বাতৰি ছপা
আৰু বৈদ্যুতিন মাধ্যম যোগে মাজে-সময়ে প্ৰচাৰ হৈ থকা দেখা
যায়। এইবোৰ
ঘটনা সংঘটিত হোৱাৰ সময়ত সমগ্ৰ অসমত জোকাৰণিৰ সৃষ্টি হয়, প্রতিবাদো সাৱ্যস্ত হয়, কিন্তু সময়ত গৈ সকলো বাদ-প্রতিবাদ জোৱাৰৰ পানীৰ দৰে স্তিমিত হৈ পৰে আৰু কিছুদিন পাছতে পুনৰ অনুৰূপ ঘটনা
সংঘটিত হয়।
মানুহ সামাজিক প্রাণী। সমাজ
জীৱন কিছুমান আচাৰ-আচৰণ, পৰম্পৰা, লোক বিশ্বাসৰ দ্বাৰা গঠিত। এই আচাৰ-আচৰণসমূহ অভ্যাসগত। সৰুৰে
পৰা যিবোৰ আচৰণ, কুসংস্কাৰ, অন্ধবিশ্বাস মানুহৰ মনত
শিপাই যায় সতকাই সেইবোৰ ত্যাগ কৰা সম্ভৱ নহয়। সেয়ে
সকলো সাপৰ বিষ নাই বুলি বৈজ্ঞানিকভাবে প্রমাণিত যদিও ঢোৰা সাপ দেখিলেও মানুহে ভয়ত
সন্ত্রস্ত হৈ ‘আস্তিক আস্তিক’ বুলি জাঁপ মাৰি পিছুৱাই যায়। বহুতে
ভূত-প্রেতত বিশ্বাস নকৰে বুলি মুখত কয় যদিও বিশেষ পৰিস্থিতিত
ভূতৰ ভয়ত সন্ত্রস্ত হোৱা দেখা যায়। সিদিনা গুৱাহাটীৰ মাজ মজিয়াতে এনেকুৱা ঘটনা সংঘটিত হোৱা দেখা গ'ল। যাত্ৰাৰ
সময়ত খালী কলহ দেখিলে, কোনোবাই হাঁচিয়ালে যাত্রা ভংগ হয় বুলি বহুতে বিশ্বাস
কৰে। গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটিকলৈ আমাৰ সমাজত বহু অন্ধ বিশ্বাস প্ৰচলিত
হৈ আছে। কোনো
কথা কোৱাৰ সময়ত জেঠীয়ে ‘টিক্ টিক্’ কৰিলে কথাটো সঁচা বুলি ধৰি লোৱা হয়। শৰীৰত
জেঠী পৰিলে স্থান অনুসৰি ভিন্ ভিন্ ফল পোৱা যায় বুলি ধাৰণা কৰা হয়। ফেঁচাই ‘মিউ মিউ’ কৰিলে পৰিয়ালৰ কাৰোবাৰ মৃত্যু হোৱাৰ ইংগিত বুলি ধৰি লোৱা হয়। যাত্ৰাৰ
সময়ত গাড়ীৰ সন্মুখত মেকুৰী পৰিলে গাড়ী পিছুৱাই নি পুনৰ যাত্ৰা আৰম্ভ কৰা হয়। কাউৰীয়ে
ৰমলিয়ালে মাত অনুসৰি মংগল বা অমংগলৰ চিন বুলি ধৰি লোৱা হয়। বাও চকু
ফফৰালে সৌভাগ্যৰ ইংগিত বুলি ভবা হয়। অমংগল
হোৱাৰ আশংকাত বিধৱা তিৰোতাক কোনো মাংগলিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ দিয়া নহয়। গাত পখিলা
পৰিলে বিয়া হোৱাৰ ইংগিত বুলি ধৰা হয়। (এইদৰে বহু বিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে, যিবোৰ
এটা প্ৰৱন্ধত লিখা সম্ভৱ নহয়।) এইবোৰ বিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই আৰু এই বিষয়ে কাৰো কোনো ধৰণৰ প্ৰত্যক্ষ
অভিজ্ঞতাও নাই। কাৰোবাৰ
যদি কিবা অভিজ্ঞতা হৈছেও সেয়া কাকতালীয়ৰ বাহিৰে আন একো নহয়। মাথোন
লোকৰ মুখত শুনিয়ে এইবোৰ বিশ্বাস আমাৰ সমাজ জীৱনত ইমান দ’কৈ শিপাই আছে, যে বৈজ্ঞানিক যুক্তিও ইয়াৰ আগত হাৰ মানিবলৈ বাধ্য হৈছে।
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দৰে সিদ্ধান্তই সমাজ এখনৰ পশ্চাদপদতাক প্রতিনিধিত্ব
কৰে আৰু প্ৰায়বোৰ অন্ধবিশ্বাসৰ লগত ধর্মীয় আবেগ নিহিত হৈ থাকে। প্রাকৃতিক
পৰিঘটনাৰ ফলত ভূমিকম্প হয় যদিও বহুতে পৃথিবীখন এটা বলধে এটা শিঙৰ ওপৰত ধাৰণ কৰি আছে
বুলি বিশ্বাস কৰে আৰু পৃথিবীখন এটা শিঙৰপৰা আন এটা শিঙলৈ নিলেই ভূমিকম্প হয় বুলি ধাৰণা
কৰে। পাপৰ
ফলতে ৰোগ-ব্যাধি বা প্রাকৃতিক দুর্যোগ আহে আৰু এশ এটা পাপ হ’লে ঘৰত
জুই লাগে বুলি আমাৰ সমাজত এক ধৰণৰ বিশ্বাস প্ৰচলিত হৈ আছে। সৌসিদিনা
বলবলাত ডাৱৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা দুর্যোগক এআইইউডিএফ প্রধান বদৰ উদ্দিন আজমলে
পাপৰ ফলত সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত মুকলিকৈ প্ৰকাশ কৰিলে। মাথোন
আমাৰ সমাজতে নহয়, এটা সময়ত বিশ্বৰ অন্যতম ধর্মীয় সম্প্রদায় খ্রীষ্টানসকলৰ
মাজতো কু-সংস্কাৰ প্ৰচলিত আছিল। স্বৰ্গলৈ
যোৱা পাৰপত্ৰ হিচাপে মৃতকৰ কফিনৰ মাজত ‘ইণ্ডালজেন্স’ নামৰ এবিধ
কাৰ্ড সোমাই দিয়া হৈছিল। পৃথিবী
নহয় সূর্য ঘূৰে, এই ধাৰণাৰ আধাৰত গেলিলিওক মৃত্যু দণ্ড বিহা হৈছিল। ক’লা
যাদুবিদ্যা জানে বুলি জোৱান অফ আর্কক জীয়াই জীয়াই পুৰি মাৰা হৈছিল।১৩ সংখ্যাটোক অশুভ বুলি ধাৰণা কৰা ধাৰণাও
খ্ৰীষ্টানসকলৰ পৰা আমাৰ সমাজত শিপাই আছে।
মানুহ প্ৰকৃতিৰ অংগ। এক কথাত
ক’বলৈ গ'লে, মানুহ প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্রিত
জীৱ৷ সেয়ে প্ৰকৃতিৰ সাহায্য অবিহনে মানুহ জীয়াই থকা সম্ভৱ নহয়। মানুহে
নিজৰ জীৱন-জীৱিকাৰ বাবে অসীম শক্তিধৰ প্ৰকৃতিৰ ৰহস্য ভেদ কৰি যিসমূহ
শক্তিক নিয়ন্ত্ৰণ কৰি নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰে সেইসমূহ শক্তিক বন্ধু জ্ঞান
কৰি পূজা কৰে আৰু যিসমূহ শক্তিৰ ৰহস্য ভেদ কৰি নিজৰ আয়ত্বলৈ আনিব নোৱাৰে সেইসমূহ শক্তিক
শত্ৰু জ্ঞান কৰি দূৰলৈ আঁতৰাই ৰখাৰ কাৰণে প্ৰয়াস কৰে। কিন্তু
প্রকৃতিৰ দ্বাৰা নিয়ন্ত্রিত জীৱ হোৱা বাবে মানুহে সদায় সেই অপশক্তিসমূহক আঁতৰাই ৰাখিবলৈ
সক্ষম নহয়। সেয়ে
বিশেষ পৰিস্থিতিত পূজা-পাতলেৰে অৰ্থাৎ বলিবিধানৰ জৰিয়তে অপকাৰী শক্তিসমূহক সন্তুষ্ট
কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰ
পৰাই বলিবিধান প্ৰথাৰ প্ৰচলন হোৱা বুলি ক'ব পাৰি। এনেকুৱা
সময়ো আছিল, যেতিয়া শস্যৰ উৰ্বৰতা বৃদ্ধিৰ বাবে শস্যৰ অধিষ্ঠাত্রী
দেৱীক সন্তুষ্ট কৰিবলৈ প্ৰথম শস্য সিঁচাৰ সময়ত কুমাৰী ছোৱালী বলি দি সেই তেজেৰে শইচবোৰ
ৰাঙলী কৰি সিঁচা হৈছিল। এইবোৰ
ধাৰণাৰ আধাৰতে ডাইনী হত্যাৰ দৰে ঘটনা আমাৰ সমাজত সংঘটিত হৈ আছে বুলি ক'ব পাৰি। কিন্তু
বিজ্ঞানৰ এই চৰম উৎকৰ্ষৰ যুগতো ৰোগ-ব্যাধি, অপায়-অমংগল দূৰ কৰাৰ নামত ডাইনী সজাই নৰহত্যা!
ই সভ্য সমাজক ভেঙুচালি কৰাৰ দৰে ঘটনা নহয়নে বাৰু?
অসূচল ৰাস্তা-ঘাট, আধুনিক চিকিৎসাৰ
ব্যৱস্থা নথকা, শৈক্ষিক আৰু আৰ্থিকভাবে পিছপৰা অঞ্চলতে সম্প্রতি
বিশেষভাবে অন্ধবিশ্বাসৰ ধাৰণা বহুলভাবে প্রচলিত হৈ আছে আৰু এই ধাৰণাক বেজ-কবিৰাজ তথা এচাম ধুৰন্ধৰ লোকে নিজৰ স্বাৰ্থৰ হকে সাৰ-পানী দি জীয়াই ৰাখিছে। বেজ- কবিৰাজৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা পদ্ধতিও অভাৱনীয় ধৰণৰ। ধনুষ্টংকাৰ
অথবা হিষ্টিৰিয়া হ'লে বেজ-কবিৰাজে ভূত লম্ভা বুলি ৰোগ
নিৰ্ণয় কৰে। নিউমিনিয়া
হ’লেও বহু সময়ত ভূতে লম্ভা বুলি চিকিৎসাৰ ব্যৱস্থা কৰে। (নিউমিনিয়া যেহেতু নৱজাতক শিশুৰ ক্ষেত্ৰতে অধিক হয়,
ফলত বহুতো শিশুই অকালতে মৃত্যুক সাৱটি ল’ব লগা হয়।) ধর্মীয়ভাবে আবেগিক কৰি চিকিৎসাৰ নামত বহু সময়ত ৰোগীৰ
ওপৰত নানা ধৰণৰ শাৰীৰিক, মানসিক আৰু যৌন নির্যাতনো চলায় বেজ-কবিৰাজে। সৌসিদিনা
আমাৰ অসমতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা পগলা বাবা আৰু হনুমান বাবাই ইয়াৰ উৎকৃষ্ট
উদাহৰণ। বেজ-কবিৰাজ বা ওজাসকলে সাধাৰণতে জৰা-ফুকা, পানীকটাৰ লগতে গছৰ পাত-শিপাক চিকিৎসাৰ উপকৰণ হিচাপে ব্যৱহাৰ
কৰে যদিও বহুতো বেজ-কবিৰাজে আকৌ ভূত বা বিৰা পোহে বুলিও আমাৰ
সমাজত ভ্রান্ত ধাৰণা আছে। ভূত পোহা
বেজ-কবিৰাজ বা ওজাই ৰোগ-ব্যাধি চালান
কৰাৰ লগতে বাণ মাৰি বা যাদু-মন্ত্ৰৰ জৰিয়তে মানুহৰ ঘৰত ঔষধ পুতি
গৃহস্থৰ ক্ষতি কৰিব পাৰে বুলিও বহুতে বিশ্বাস কৰে। সম্প্রতি
বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ উত্তৰণে সমগ্ৰ বিশ্বক চিন্তা আৰু চেতনাৰ অন্য এখন জগতলৈ
নিলেও এইবোৰ ধাৰণাৰ আধাৰতে এচাম অশিক্ষিত(দুই চাৰিজন শিক্ষিত মানুহো
ইয়াৰ মাজত নথকা বুলি ক'ব নোৱাৰি।) মানুহ সম্প্ৰতিও অন্ধকাৰ বৰ্বৰ যুগৰ মাজতে স্থৱিৰ হৈ আছে
আৰু এইসকল মানুহৰ ছত্ৰছায়াতে ডাইনী হত্যাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈ আছে।
সম্প্ৰতি ডাইনী হত্যাৰ দৰে অমানৱিক ঘটনাই সমগ্ৰ ৰাজ্যত এক ধৰণৰ ভয়াৱহ পৰিস্থিতি
সৃষ্টি কৰাৰ লগতে বিশ্বৰ অন্যান্য জাতিসমূহৰ আগত অসমখনক লজ্জানত কৰিছে। অসূচল
ৰাস্তা-ঘাট, আধুনিক চিকিৎসাৰ ব্যৱস্থা নথকা,
শৈক্ষিকভাবে পিছপৰা কোনো ভিতৰুৱা অঞ্চলত মেলেৰীয়া, ডায়েৰীয়া সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিলেই আৰ্থিক তথা সামাজিকভাবে দুর্বল কবিৰাজী
চিকিৎসাৰ লগত জড়িত এক শ্ৰেণীৰ বিধৱা মহিলাক সাধাৰণতে ডাইনী সজাই হত্যা কৰা হয় আৰু
এই ডাইনী হত্যাৰ লগত বেজ-কবিৰাজ তথা সংশ্লিষ্ট সমাজৰ ক্ষমতাশালী
ব্যক্তিসকলে আগভাগ লয়। এই ডাইনী
হত্যাৰ লগত তিনি ধৰণৰ মানসিকতা জড়িত হৈ আছে বুলি অনুমান কৰিব পাৰি। (১) আমাৰ পুৰুষ প্রধান সমাজ ব্যৱস্থাত
সাধাৰণতে পুৰুষসকলেই কবিৰাজী চিকিৎসাৰ লগত বিশেষভাবে জড়িত। গতিকে
পুৰুষৰ একচেটিয়া বৃত্তিত কোনো মহিলাই অনধিকাৰ প্ৰৱেশ কৰিলে নিজৰ বৃত্তিৰ ক্ষতি হোৱাৰ
আশংকাত বেজ-কবিৰাজসকল শংকিত হৈ কবিৰাজী চিকিৎসাৰ লগত জড়িত মহিলাসকলক
ডাইনী সজাই হত্যা কৰি আছে। (২) ডাইনী হত্যাৰ লগত সম্পত্তিজনিত কাৰণো নিহিত হৈ আছে
বুলি ভবাৰ থল আছে। সম্পত্তি
হস্তগত কৰাৰ অভিসন্ধিৰেও এচাম ক্ষমতাশালী ধুৰন্ধৰ লোকে বেজ-কবিৰাজৰ জৰিয়তে বিধৱা মহিলাক ডাইনী সজাই হত্যা কৰি আছে বুলি ক'ব পাৰি। পশ্চিম
বংগৰ আৰক্ষী বিষয়া অসিত বৰণে সম্পত্তিৰ লোভত কিছু সংখ্যক বিধৱা মহিলাক ডাইনী সজাই
হত্যা কৰা হয় বুলি ইতিমধ্যে মতপোষণ কৰিছেই। (৩) সামূহিক হত্যাৰ ক্ষেত্ৰত আমাৰ
আইনী ব্যৱস্থাই ল'বলগীয়া পৰ্যাপ্ত পদক্ষেপ নুলোৱাৰ ফলতো ডাইনী
হত্যাৰ দৰে ঘটনা উত্তোত্তৰ বৃদ্ধি পাই আছে বুলি ক'ব পাৰি।
ডাইনী হত্যাৰ দৰে অমানৱিক কাৰ্য বন্ধ কৰিবলৈ হ'লে সকলো
অঞ্চললৈকে আধুনিক চিকিৎসা সেৱা প্ৰৱৰ্তন কৰাৰ লগতে মানুহবিলাকক শিক্ষিত কৰি তোলাৰ কাৰণে
চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিব লাগিব। সমাজৰ
উচ্চ শিক্ষিত ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন তথা ডাক্তৰসকলে মানুহৰ মনৰপৰা অন্ধবিশ্বাস,
কুসংস্কাৰ আদি আঁতৰোৱাৰ কাৰণে আগভাগ ল’ব লাগিব। বিভিন্ন
আলোচনা চক্র অনুষ্ঠিত কৰাৰ লগতে পোষ্টাৰ, প্ৰদৰ্শনী আদিৰ জৰিয়তে
মানুহৰ মনৰপৰা অন্ধবিশ্বাস আঁতৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যেহেতু
আর্থিক অনাটনৰ কাৰণেও বহুতে বেজ-কবিৰাজৰ শৰণাপন্ন হয়,
সেয়ে বিশেষ বিশেষ ৰোগৰ ক্ষেত্ৰত চৰকাৰে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা
কৰিব লাগিব। ডাক্তৰসকলক
পিছপৰা অঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে বাধ্য কৰিব লাগিব। চৰকাৰে
ফাষ্টট্ৰেক কোৰ্টৰ জৰিয়তে ডাইনী হত্যাৰ লগত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা
কৰিব লাগিব আৰু ডাঁৰৰ খবৰ ডাঁৰত পোৱাৰ কাৰণে ‘হেল্পলাইন’ খোলাৰ ব্যৱস্থা
কৰিব লাগিব। প্রয়োজনত
স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি অন্ধবিশ্বাসৰ ধাৰণাৰ পৰা মুক্ত শিক্ষিত মানুহক চোৰাংচোৱা
নিয়োগৰো ব্যৱস্থা কৰিব লাগিব। এইবোৰ
পদক্ষেপ গ্রহণ কৰিলে কিছু পৰিমাণে হ'লেও ডাইনী হত্যাৰ প্ৰকোপ
কমিব বুলি আশা কৰিব পাৰি।
(গণ অধিকাৰ ১৩-১১-২০১৪, গণ সংবাদ, জনসাৰণত প্ৰকাশিত-২০১৪)
ডাৱৰ বিস্ফোৰণ আৰু কৃত্ৰিম বানপানী
ডাৱৰ বিস্ফোৰণ সম্প্ৰতি দেশত এক ভয়াৱহ সমস্যা ৰূপে দেখা দিছে। পুঞ্জীভূত
ডাৱৰ পৰ্বতৰ গাত ঠেকা খোৱাৰ ফলত ডাৱৰ বিস্ফোৰণ হয় বুলি জনা যায়। গৰম পানীৰ
ভাপ চেঁচা পানীৰ লগত মিশ্রিত হোৱাৰ ফলতো ডাৱৰ বিস্ফোৰণ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। ডাৱৰ
বিস্ফোৰণৰ ফলত প্রতি ঘণ্টাত ১০০ ৰপৰা ১৮২ মিলিমিটাৰ বৰষুণ হ'ব পাৰে। এই বৰষুণ
স্থায়ী হ’ব পাৰে কে’বা মিনিটৰ পৰা কে’বা ঘণ্টালৈকে। ডাৱৰ
বিস্ফোৰণৰ ফলত এতিয়ালৈকে সংঘটিত হোৱা আটাইতকৈ প্ৰবল বৰষুণ হৈছে ২০১২ চনৰ ৯ চেপ্তেম্বৰত
পাকিস্থানৰ সিন্ধু প্ৰদেশৰ টাণ্ডু গোলাম আলিত। ইয়াৰ
বৰষুণৰ পৰিমাণ আছিল ৩৮০ মিলিমিটাৰ (১৫ ইঞ্চি)। ই স্থায়ী
হৈছিল ২৪ ঘণ্টা। ডাৱৰ
বিস্ফোৰণৰ ফলত সংঘটিত হোৱা মহাপ্রলয়ত কে’বা মিনিট বা ঘণ্টাৰ ভিতৰত শ শ মানুহ মৃত্যু
মুখত পৰাৰ লগতে বিস্তৰ ধন-সম্পত্তি ধ্বংসপ্রাপ্ত হ'ব পাৰে।
ডাৱৰ বিস্ফোৰণ আমাৰ কাৰণে নতুন হ’লেও আমেৰিকাৰ গুয়েনাৰ ভার্জিনিয়াত ১৯০৬
চনৰ ২৪ আগষ্টত প্ৰথম ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছিল। এই বৰষুণ
স্থায়ী হৈছিল ৪০ মিনিট আৰু বৰষুণৰ পৰিমাণ আছিল 243.৯৫ মিলিমিটাৰ (৯.২৪ ইঞ্চি)। ইয়াৰ
পাছত বিশ্বত বহুকেইটা ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ গৈছে আৰু ইয়াৰ ফলত হাজাৰ হাজাৰ
মানুহ মৃত্যু মুখত পৰাৰ লগতে বিস্তৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি ধ্বংসপ্রাপ্ত হৈছে। আমাৰ ভাৰতবৰ্ষত প্রথম ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ১৯০৮ চনৰ ২৮ চেপ্তেম্বৰত। এই ডাৱৰ
বিস্ফোৰণৰ ফলত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ মুচি নৈত প্ৰবল বান আহিছিল আৰু ইয়াৰ ফলত
১৫,০০০ জন মানুহৰ প্ৰাণহানি হোৱাৰ লগতে ৮০,০০০ টা ঘৰ ধ্বংসপ্রাপ্ত হৈছিল। ইয়াৰ
দীর্ঘদিন পাছত অর্থাৎ ১৯৭০ চনৰ পৰা পোণে, মুম্বাই, অলকানন্দা, হৰিদ্বাৰ, ছিমলা জিলাৰ
ভাবি, কুমায়ুন ডিভিজনৰ মালপা আৰু কালী উপত্যকা, হিমাচলৰ কুলু উপত্যকা, উত্তৰাখণ্ডৰ চামোলী, জন্মু-কাশ্মীৰ, অসমকে আদি কৰি বিভিন্ন
ঠাইত কে’বাবৰো ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ গৈছে আৰু ইয়াৰ ফলত বিস্তৰ ধন-জন ক্ষতি হৈছে। এক তথ্য
অনসৰি ভাৰতবৰ্ষত এতিয়ালৈকে প্রায় ২০,০০০ জন মানুহ ডাৱৰ বিস্ফোৰণৰ
ফলত মৃত্যু মুখত পৰিছে। ২০১৩
চনৰ ১৫ জুনত উত্তৰাখণ্ডৰ কেৰ্দাৰ্নাথ আৰু ৰামৱাডা অঞ্চলত সংঘটিত ডাৱৰ বিস্ফোৰণ খুবেই
ব্যাপক আৰু ধ্বংসাত্মক আছিল। এই বিস্ফোৰণৰ
ফলত হোৱা বানত ১০০০ জন মানুহ মৃত্যু মুখত পৰিছিল। এই মৃত্যুৰ
সংখ্যা ৫০০০ হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে। প্ৰায় ৮৪,০০০ জন মানুহ বহুদিনলৈ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছিল। দুৰ্গত
লোকসকলক উদ্ধাৰৰ কাৰণে ৪০,০০০ বর্গকিলোমিটাৰ এলেকা সামৰি উদ্ধাৰ অভিযান চলোৱা হৈছিল
আৰু ৪৫ খন ‘হেলিকপ্টাৰ’ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ
পৰা এই ধ্বংসাত্মক কার্যৰ ব্যাপকতা অনুমান কৰিব পাৰি। উত্তৰাখণ্ড
আৰু কাশ্মীৰত সংঘটিত ডাৱৰ বিস্ফোৰণত ২০১৪ বৰ্ষতো বিস্তৰ ধন-জন ক্ষতিগ্ৰস্ত হৈছে। আমাৰ
অসমতো ২০০৪ চনৰ ১১ অক্টোবৰত বলবলা, কৃষ্ণাই অঞ্চলত ডাৱৰ বিস্ফোৰণৰ
ফলত হোৱা বানপানীত পাঁচ শতাধিক মানুহ মৃত্যু মুখত পৰাৰ লগতে বিস্তৰ সা-সম্পত্তি ধ্বংসৰ গৰাহত পৰিছিল। আগৰবাৰৰ
স্মৃতি মানুহৰ মনৰপৰা মচ নোযোৱাৰ আগতেই এইবাৰো পুনৰ ২৪ চেপ্তেম্বৰত সেই একে ঠাইতে ডাৱৰ
বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত সৃষ্টি হোৱা বানপানীৰ কাৰণে তাণ্ডৱৰ সূচনা হৈছে। এতিয়ালৈকে
চৰকাৰী হিচাপ অনুসৰি ভিন ভিন ঠাইৰ পৰা ৩৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাণহানিৰ
সঠিক সংখ্যা আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়ালৈকে
নিৰূপণ কৰা সম্ভৱ হোৱা নাই।
বিশ্বৰ ভূমিভাগৰ এক তৃতীয়াংশ বনভূমিৰে আগুৰা। এই বনাঞ্চলে
আমাক খাদ্য সামগ্রী, ইন্ধন, ঔষধপাতি যোগান ধৰাৰ লগতে
সালোকসংশ্লেষণৰ জৰিয়তে ‘কার্বন-ডাই-অক্সাইড’ গেছ শোষণ কৰি আমাক অক্সিজেন যোগান ধৰে। বনাঞ্চলে
বিষাক্ত গেছ শোষণ কৰি বায়ু প্ৰদুষণৰ পৰিমাণো হ্রাস কৰে। সোতৰ
শতিকাৰ অন্তিমটো দহকৰ পৰা বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হৈছে আৰু বিজ্ঞানৰ নিত্য নতুন আৱিষ্কাৰে
মানুহক উন্মত্ত কৰি তুলিছে। মানুহৰ
জীৱন যাত্ৰা সুগম আৰু আৰামদায়ক কৰাৰ বাবে বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ কাৰণে ব্যাপক
হাৰে বিশ্বত বিভিন্ন প্ৰকাৰৰ কল-কাৰখানা স্থাপন কৰা হৈছে। ফলত মানুহৰ
মাজত ভোগবাদী মানসিকতা গা কৰি উঠিছে আৰু বনভূমি ধ্বংস কৰি নগৰ নিৰ্মাণৰ প্ৰতিযোগিতাত
নামি পৰিছে। লগতে
জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যৰ নাটনিয়ে দেখা দিছে আৰু সেই নাটনি পূৰণৰ কাৰণে মানুহে
বনভূমি ধ্বংস কৰি খেতি-বাতি কৰিবলৈ লৈছে। ইন্ধনৰ
চাহিদা পূৰণ আৰু বিলাসী সামগ্ৰী প্ৰস্তুতৰ বাবে গছ-গছনি
কাটি তহিলং কৰিছে। কয়লাকে
আদি কৰি খনিজাত দ্রব্যৰ অবাধ ব্যৱহাৰ, মটৰ গাড়ী, কল-কাৰখানাৰ ধোঁৱা, অধিক উৎপাদনৰ
কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীট নাশক দ্ৰব্যৰ ব্যৱহাৰেও
পৰিৱেশ প্ৰদূষিত কৰি আছে। ফলত বায়ু
মণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। কয়লা, খনিজ তেলৰ ব্যৱহাৰ আৰু গাড়ী-মটৰৰ ধোঁৱাৰপৰা আমেৰিকাত
প্ৰতিদিনে দুই আৰব টন কার্বন-ডাই-অস্কাইড
গেছ বায়ুমণ্ডলৰ লগত মিহলি হয় বুলি এক তথ্যত প্ৰকাশ পাইছে। বায়ু
মণ্ডলত কার্বন-ডাই-অস্কাইড গেছ বৃদ্ধিৰ ফলত গোলকীয়
উষ্ণতা বৃদ্ধিৰ লগতে বানপানী, ভূমিৰ উৰ্বৰতা হ্রাস, ভূমি স্খলনকে আদি কৰি বিভিন্ন সমস্যা গা কৰি উঠিছে।
মানুহ বসবাসৰ কাৰণে পৃথিবীপৃষ্ঠৰ তাপমান গড়ে ১৫ ডিগ্রী চেণ্টিগ্রেড অধিক উপযোগী
আৰু পৰিৱেশৰ মাজত সন্তুলন ৰক্ষাৰ কাৰণে ৩৩ শতাংশ বনভূমি থকাটো জৰুৰী। কিন্তু
অবাধে গছ-গছনি ধ্বংস আৰু ঔদ্যোগিক বিপ্লৱৰ ফলত যোৱা শতিকাৰ আৰম্ভণীৰপৰা
পৃথিবীপৃষ্ঠৰ গড় তাপমান ০.০৩ পৰা ০.০৬
ডিগ্ৰী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে। নিউইয়র্ক আৰু কালিফর্নিয়া বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকসকলে ‘চেটেলাইট’ৰাডাৰৰ জৰিয়তে জানিবপাৰিছে যে, ইতিমধ্যে এণ্টার্কটিকাত
৩০ শতাংশ অজনৈৰ পৰিমাণ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত এণ্টার্কটিকাত ৪ মিটাৰৰ পৰা ৪০ মিটাৰলৈকে
বৰফ গলিবলৈ আৰম্ভ কৰিছে। অতি ঘন
বসতিপূর্ণ উত্তৰ গোলাৰ্দ্ধতো অজনৈৰ পৰিমাণ ৩ শতাংশ হ্রাস পাইছে। এক তথ্য
অনুসৰি ০.১ চেণ্টিগ্রেড তাপমান বৃদ্ধিৰ ফলত ১ মিটাৰ বৰফ গলে আৰু
এই বৰফ গলাৰ ফলত মুদ্ৰৰ জলপৃষ্ঠৰ উচ্চতা ধাৰাবাহিকভাবে বৃদ্ধি হৈ আছে। নব্বৈ
দহকৰ পৰা ২০০০ চনলৈ পৃথিবীপৃষ্ঠৰ তাপমান ০৩ শতাংশ বৃদ্ধি পাইছিল। ২০০০
চনৰ পৰা বৰ্তমানলৈ এই তাপ বৃদ্ধিৰ হাৰ ০.৭ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ
বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে। তাপমান এইদৰে বৃদ্ধি পাই থাকিলে চাৰি দহক পাছত তাপমান ২ ডিগ্রী চেণ্টিগ্রেডলৈ
বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
Meteorogical Organisation (WMO)ৰ তথ্য অনুসৰি জলবায়ু বৰ্তমানৰ দৰে
পৰিৱৰ্তন হৈ থাকিলে একৈশ শতিকাৰ শেষলৈ তাপমান ৪ ডিগ্রী চেণ্টিগ্রেড (৭.২ ডিগ্রী ফাৰ্নেহাইট)লৈ বৃদ্ধি
পাব বুলি বৈজ্ঞানিকসকলে ধাৰণা কৰিছে। Intergovernmenal Panel on climate change (IPCC)ৰ মতে
একৈশ শতিকাৰ শেষত পৃথিবীপৃষ্ঠৰ উত্তাপ সর্বনিন্ম ০.৩ ৰ পৰা ১.৭ ডিগ্ৰী চেণ্টিগ্রেড (০.৫ ৰ পৰা
৩.১ ডিগ্রী ফাৰেনহাইট) আৰু সবোচ্চ ২.৬ ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা ৪.৮ ডিগ্ৰী চেণ্টিগ্রেড
(৪.৭ ৰ পৰা ৮.৬ ডিগ্রী ফাৰেনহাইট)লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তাপমান
বৃদ্ধিৰ ফলত গ্লেচিয়াৰৰ বৰফ গলাৰ পৰিমাণ বৃদ্ধি পাইছে (২০১৩ চনৰ ১৫ জুনত কেদাৰ্নাথত সংঘটিত দুর্যোগ গ্লেচিয়াৰৰ বৰফ গলা পানীৰ পৰা
সংঘটিত হৈছিল বুলি বহুতে ক'ব খোজে।) আৰু মহাসাগৰৰ জলস্তৰ ওপৰলৈ উঠি আহি আছে। তাপমান
এইদৰে বৃদ্ধি হৈ থাকিলে সমুদ্ৰৰ জলস্তৰ অধিক ওপৰলৈ উঠি আহিব আৰু এটা সময়ত পৃথিবীৰ
অৰ্দ্ধেক জনসংখ্যা বানপানীৰ কবলত পৰিব। মাথোন
এয়াই নহয়, সমুদ্রপৃষ্ঠৰ জলস্তৰ বৃদ্ধিৰ ফলত সমুদ্ৰৰ পানী ভূমিগত
পানীৰ লগত মিহলি হৈ পানীত খাৰৰ পৰিমাণ বৃদ্ধি কৰিব। লগতে
অতি বৃষ্টি, অতি খৰাং, অতি শীত আদি অবাঞ্ছিত
পৰিৱৰ্তন সমূহো গা কৰি উঠিব। সম্প্ৰতি
হৈ থকা ডাৱৰ বিস্ফোৰণ সেই পৰিৱৰ্তনৰে ফল।
আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ভূমিভাগৰ ৬৫.১৭ শতাংশ ভূমি বনভূমিৰে আগুৰা। ইয়াৰে
সৰ্বাধিক ৭৫.৫৯ শতাংশ ভূমি আছে মিজোৰামত। অমসৰ
বনাঞ্চলৰ পৰৰমিাণ মাথোন ৩৯,১৫ শতাংশহে। ৰাজ্যিক
বন বিভাগৰ তথ্য অনুসৰি অসমত মুঠ বনভূমিৰ পৰিমাণ ২৭,৮২৬
বর্গ কিলোমিটাৰ। প্লাইউড
কাৰখানা, কাগজ কল, বনাঞ্চল ধ্বংস কৰি কৃষিভূমিৰ
উপযোগী কৰণ, ৰাস্তা-ঘাট নির্মাণকে আদি কৰি
বিভিন্ন কাৰণত সম্প্ৰতি বনভূমিৰ পৰিমাণ হ্রাস পাইছে।
অসমত ৩৫০০ টাতকৈও অধিক জলাশয় আছে আৰু এই জলাশয়সমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ
মুঠ ৫২,৯৫৯ হেক্টৰ ভূমি আগুৰি আছে। বনাঞ্চল
ধ্বংসৰ ফলত পাহাৰত সংঘটিত হোৱা ভূমিস্খলন আৰু জলাশয় পুতি আৱাসস্থলী নিৰ্মাণৰ ফলত সম্প্ৰতি
জলাভূমিৰ পৰিমাণ বহু পৰিমাণে কমি আহিছে। গুৱাহাটীৰ যিবোৰ অঞ্চলত সম্প্ৰতি কৃত্রিম বানপানী হৈ আছে সেইবোৰ অঞ্চল
এটা সময়ত জলাভূমি আছিল বুলি জনা যায়। সম্প্রতি
কৃষ্ণাই, দুধনৈ, বলবলাত ডাৱৰ বিস্ফোৰণৰ ফলত
সংঘটিত হোৱা বানপানীৰ কাৰণে যি তাণ্ডৱ আৰম্ভ হৈছে সেইবোৰ অঞ্চলো জলাভূমিৰ অন্তৰ্গত
বুলি বহুতে মতপোষণ কৰে।
ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্রধান নৈ। এই দুখন
নৈৰ সৰু-বৰ আঢ়ৈ কুৰ্তিকৈও অধিক উপনৈ আছে। ১৮৯৭
চনৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিভাগ ওপৰলৈ উঠি আহিছে। ফলত ইয়াৰ
পানী ধাৰণৰ ক্ষমতা বহু পৰিমাণে হ্রাস পাইছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ মূলতো এই কাৰকেই ক্ৰিয়া কৰি আছে। আনহাতে
অবাধে বনভূমি ধ্বংসৰ ফলত পাহাৰঞ্চলত ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পাই আছে আৰু এই ভূমিস্খলনৰ
গেদসমূহ ব্ৰহ্মপুত্ৰৰ তলিভাগত জমা হোৱাৰ ফলত নৈৰ পানী ধাৰণৰ ক্ষমতা বহু পৰিমাণে কমি
আহিছে। ফলত মাত্ৰাধিক
বৰষুণ হ’লেই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনৈসমূহ ফেনে-ফুটুকাৰে
উফন্দি উঠি বানপানীৰ সৃষ্টি কৰি আছে। ৰাস্তা-ঘাট, মথাউৰি আদি নিৰ্মাণৰ ফলতো বাধাহীনভাবে
পানী বাগৰিব নোৱাৰা হৈছে আৰু ইয়াৰ ফলতো কোনো কোনো অঞ্চলত কৃত্ৰিম বানপানী সৃষ্টি হৈ
আছে।
মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। মানুহ
জীয়াই থকাৰ কাৰণে প্ৰকৃতিৰ পৰা নিজৰ প্ৰয়োজনীয় উপাদান আহৰণ কৰে। এই উপাদান
আহৰণৰ নামত মানুহে সম্প্রতি বনভূমি ধ্বংস, জলাশয় দখল, পৰিৱেশ প্ৰদূষণকে আদি কৰি প্ৰকৃতিৰ ওপৰত নানা ধৰণে অত্যাচাৰ কৰিবলৈ লৈছে। আনহাতে
প্রকৃতি কাৰো মুখাপেক্ষী নহয়৷ প্ৰকৃতিয়ে নিজৰ প্ৰয়োজন নিজেই পূৰণ কৰে। সেয়ে
মানৱসৃষ্ট বাধাসমূহ আঁতৰ কৰি অবাধ বিচৰণৰ কাৰণে প্ৰকৃতিয়ে কেতিয়াবা উগ্ৰৰূপ ধাৰণ
কৰি তাণ্ডৱৰ সৃষ্টি কৰিবলৈ বাধ্য হৈ পৰে। সম্প্ৰতি সংঘটিত হৈ থকা ডাৱৰ বিস্ফোৰণ, বানপানী আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ।
মানুহৰ বল-বীৰ্য প্ৰকৃতিৰ আগত তেনেই শিশুৰ দৰে। মানুহ
প্ৰকৃতিৰ ওচৰত কিমান অসহায় প্ৰতিটো দুৰ্যোগৰ সময়ত তাৰ উমান পোৱা যায়। সেয়ে
প্ৰকৃতিৰ এই তাণ্ডৱৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে মানুহে প্রথমে প্রাকৃতিক
সম্পদ আহৰণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সংযত হ’ব লাগিব। অর্থাৎ
মানুহ প্ৰকৃতিৰ প্ৰতি সদয় হ’ব লাগিব। অবাধে
গছ কটা বন্ধ কৰাৰ লগতে জলাভূমিৰ বেদখল বন্ধ কৰিব লাগিব। ৰাস্তা-ঘাট নির্মাণ কৰাৰ সময়ত অবাধে পানী চলাচলৰ কাৰণে দলং, কালভার্ট আদি নিৰ্মাণৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। প্রয়োজনত
নদীৰ তলিভাগ খন্দাৰ লগতে কৃত্রিম খাল খান্দি পানী নিষ্কাষণৰ ব্যৱস্থা কৰিব লাগিব। চহৰাঞ্চলত
বৈজ্ঞানিক পদ্ধতিত ড্রেইন নির্মাণ কৰিব লাগিব। পাহাৰৰ
ওপৰত ঘৰ-দুৱাৰ নিৰ্মাণ বন্ধ কৰিব লাগিব। কাৰণ
পাহাৰ কাটি ঘৰ আৰু ৰাস্তা-ঘাট নিৰ্মাণৰ ফলত গুৱাহাটীত অধিক পৰিমাণে ভূমিস্খলন হৈ
আছে বুলি ভবাৰ থল আছে। (বিগত কেইটামান দহকত গুৱাহাটীৰ প্ৰতি মানুহৰ আকৰ্ষণ ইমানেই বৃদ্ধি পাইছে যে
ব্যৱসায়ী, চাকৰিয়ালতো বাদেই সম্প্রতি কৃষকেও গুৱাহাটীত ভূমি-পট্টাৰ বাবে আন্দোলন কৰিবলৈ লৈছে।) চহৰাঞ্চলৰ কৃত্রিম বানপানী বন্ধ কৰিবলৈ হ'লে যধে-মধে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰতো প্রতিবন্ধকতা
লগাব লাগিব। কাৰণ
প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত ড্রেইনসমূহ বহু ক্ষেত্ৰত বন্ধ হৈ থকা দেখা যায়। যিকোনো
ক্ষেত্ৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ আৰু চৰকাৰক দোষাৰূপ কৰাটো আমাৰ দেশত প্ৰায় পৰম্পৰাৰ দৰে
হৈ পৰিছে। কিন্তু
পৃথিবীখন বসবাসৰ উপযোগী কৰি ৰাখিবলৈ মাথোন চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলেই নহ’ব, অন্ততঃ যিসমূহ প্রাকৃতিক সম্পদ অবাধ ধ্বংসৰ ফলত জীৱকূলৰ অস্তিত্বৰ প্ৰতি ভাবুকি
কঢ়িয়াই আনিব পাৰে সেইসমূহ সম্পদ আহৰণ, সংৰক্ষণ আৰু ব্যৱহাৰৰ
ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিক সচেতন হ’ব লাগিব। তেহে
এখন দুর্যোগমুক্ত পৃথিবী আশা কৰা সম্ভৱ হ’ব।
(নিয়মীয়া বাৰ্তা- ২৮-০৯-২০১৪)
উত্তৰ-পূৰ্বঞ্চল বনাম সন্ত্রাসবাদ
প্ৰিয়া বসুমতাৰী নামৰ কিশোৰীগৰাকীৰ নৃশংস হত্যাই মানৱতাৰ প্ৰতি চৰম আঘাত হানিছে। এজনী
নিৰীহ ছোৱালী! দশম শ্ৰেণীৰ ছাত্ৰী। বয়স
মাথোন ষোল্ল বছৰ। ক’বলৈ
গ'লে, সংসাৰৰ আও-ভাও সম্বন্ধেও তাইৰ ধাৰণা স্পষ্ট হোৱা নাছিল। এনেকুৱা
এজনী ছোৱালীক গাঁৱৰ মানুহ তথা মাক- দেউতাকৰ সন্মুখত তালিবানী
কায়দাত হত্যা কৰাৰ ঘটনাই সন্ত্ৰাসবাদীৰ প্ৰকৃত স্বৰূপকে আকৌ এবাৰ উদঙাই দেখুৱালে। সন্ত্রাসবাদীয়ে
দেশ তথা জাতি ৰক্ষাৰ নামত দেশৰ মানুহৰ সহানুভূতি আদায় কৰিবলৈ চেষ্টা কৰে যদিও প্ৰকৃতাৰ্থত
সন্ত্ৰাসবাদীৰ যে দেশ তথা জাতিৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি, আনুগত্য বা দায়বদ্ধতা নাই প্রিয়া বসুমতাৰীৰ হত্যাৰ পৰা এই কথা জজল্ পট্পট্কৈ
ওলাই পৰিছে। সন্ত্রাসবাদ
দেশ তথা সমাজৰ কাৰণে সৰ্বনিকৃষ্ট কুৎসিত সিদ্ধান্ত। সন্ত্রাবাদ
হ’ল স্বেচ্ছাচাৰি মানুহৰ অন্তিম হাথিয়াৰ। হত্যা, অপহৰণৰ জৰিয়তে সমাজৰ বুকুত ত্রাস সৃষ্টি কৰি সন্ত্রাসবাদীয়ে
নিজৰ অভীষ্ট সিদ্ধিৰ কাৰণে জঘন্য প্ৰয়াস কৰে।
সাধাৰণতে দেখা যায় যে, সন্ত্রাবাদীসকলে কোনো ব্যক্তি
বিশেষৰ প্ৰতি শত্রুতা পোষণ নকৰে। হত্যা, অপহৰণৰ জৰিয়তে দেশ তথা সমাজৰ বুকুত ত্রাস সৃষ্টি কৰি
সংগঠনৰ কাৰণে অস্ত্র-শস্ত্ৰ কিনাৰ লগতে নিজৰ ভোগ-বিলাস চৰিতাৰ্থ কৰাৰ কাৰণে নিৰীহ মানুহৰপৰা ধন সংগ্ৰহ কৰাই হ’ল সন্ত্ৰাসবাদীৰ
মূল লক্ষ্য । ফলত প্ৰতিটো
ধ্বংসাত্মক কার্য সংঘটিত কৰাৰ পাছতে সন্ত্রাসবাদীয়ে সংবাদ মাধ্যমৰ জৰিয়তে নির্বিবাদে
সিহঁতৰ অপকৰ্মৰ কথা প্ৰচাৰ কৰে। ৰেড কৰ্ণোলজিৰ
সমীক্ষা অনুসৰি সন্ত্ৰাসবাদীয়ে হত্যা কৰা ৯৪ শতাংশ মানুহেই নিৰীহ। ১৯৮০
চনৰ পাছৰপৰা সন্ত্রাসবাদীয়ে সেনা-আৰক্ষীৰ উচ্চপদস্থ বিষয়া
আৰু এনেকি ৰাষ্ট্ৰ নেতাকো হত্যা কৰিবলৈ লৈছে। ইন্দিৰা
গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যা ৰাষ্ট্ৰ নেতাৰ হত্যাৰ উৎকৃষ্ট উদাহৰণ।
আমাৰ দেশৰ সন্ত্ৰাসবাদৰ ইতিহাস দীঘলীয়া। বিটিছসকলে
শাসন-শোষণ অব্যাহত ৰখাৰ কাৰণে প্ৰথমতে ৰাষ্ট্ৰ সন্ত্ৰাস আৰম্ভ
কৰিছিল। এই ৰাষ্ট্ৰ
সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ তথা দেশৰ স্বাধীনতাৰ হকে আমাৰ দেশত ১৯০৫ চনত প্ৰথম আতংকবাদী
আন্দোলন আৰম্ভ হৈছিল। তেওঁলোকে
দেশৰ মানুহৰ কোনো হানি-বিঘিনি কৰা নাছিল। ব্ৰিটিছ
শাসকৰ বিৰুদ্ধেহে তেওঁলোকে সংঘৱদ্ধ আন্দোলন কৰিছিল। সেইসকল
মুক্তিকামী সন্ত্রাসবাদীৰ কাৰণে দেশ আছিল মাতৃস্বৰূপা। দেশৰ
কাৰণে প্ৰাণ বলি দিয়াটোক তেওঁলোকে ধৰ্ম বুলি ভাবিছিল। সেইসকল
আতংক্রবাদী দেশৰ সুসন্তান আছিল আৰু দেশৰ মানুহে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছিল। বর্তমানেও
তেওঁলোকৰ আত্মবলিদানৰ কথা সুৱঁৰি আমি গৌৰৱ কৰে। তেওঁলোকৰ
কথা স্মৰণ কৰিলেই শ্ৰদ্ধাত মূৰ দো খাই যায়।
কিন্তু সম্প্রতি দেশত যি সন্ত্রাসবাদী কার্যকলাপ চলি আছে ইয়াৰ উদ্দেশ্য খুবেই
প্রচ্ছন্ন। এওঁলোকৰ
কাৰণে গৌৰৱ অনুভৱ কৰাতো দূৰৰে কথা, এওঁলোকৰ প্ৰতিচ্ছবি চকুৰ
আগত ভাহি উঠিলেই ঘৃণাত নাক কোঁচ খাই যায়। এইসকল
সন্ত্রাসবাদীয়ে মুখত দেশ তথা সমাজৰ কল্যাণৰ কথা কয় যদিও প্ৰকৃতাৰ্থত এওঁলোকৰ নিৰ্দিষ্ট
কোনো লক্ষ্য বা উদ্দেশ্য নাই। এওঁলোকৰ
কোনো কোনো সংগঠন ধৰ্মৰ নামত, জাতিৰ নামত দেশত হত্যা,
অপহৰণ, ধন দাবীৰ তাণ্ডৱ চলাই ৰাষ্ট্ৰক বিভাজন কৰাৰ
চেষ্টাত প্ৰবৃত্ত হৈ আছে আৰু কিছুমান সংগঠনে হত্যা, অপহৰণৰ জৰিয়তে
সন্ত্রাস সৃষ্টি কৰি ভোগবাদী মানসিকতাৰে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে নামি পৰিছে। এইসকল
সন্ত্রাসবাদীয়ে মানুহৰ মৌলিক অধিকাৰ বাক্ স্বাধীনতাকো খর্ব কৰিছে। কাৰণ
এওঁলোকৰ বিৰুদ্ধে কোনোবাই সামান্যতম শব্দ উচ্চাৰণ কৰিলেই গুলীৰে থকা-সৰকা কৰে। প্রিয়া
বসুমতাৰীৰ হত্যাৰ পাছত এই কথা অধিক স্পষ্ট হৈ পৰিছে। কাৰণ
গাঁৱৰ মানুহৰ সন্মুখত প্ৰিয়া বসুমতাৰীক হত্যা কৰা হৈছে যদিও সন্ত্রাসবাদীৰ ভয়ত কোনো
এজন গঞাই সেইসকল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ সাহস গোটাব পৰা নাই। এইসকল
সন্ত্রাসবাদী ইমানইে নৃশংস আৰু ভয়ংকৰ যে, চোপ লৈ থাকি আক্ৰমণ কৰাৰ
ভয়ত আৰক্ষী প্রশাসনেও প্ৰিয়াৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সাহস গোটাব পৰা নাছিল। হত্যাকাণ্ড
সংঘটিত হোৱাৰ চল্লিশ ঘণ্টা পাছতহে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সাহস গোটাবলৈ সক্ষম
হৈছে। আৰক্ষীৰ
এই কাৰ্যই প্ৰকাৰান্তৰে সন্ত্ৰাবাদীক উৎসাহিত কৰা নাই নে বাৰু?
বিশ্বত সম্প্রতি তিনি প্ৰকাৰৰ সন্ত্রাস চলি আছে- (১)
ইথনো-জাতীয়তাবাদ- এওঁলোকে
পৃথক ৰাজ্য বা ৰাষ্ট্ৰ গঠনৰ দাবীত সন্ত্রাসবাদ চলাই আছে। নগালেণ্ডত
এনএছচিএন আৰু অসমত আলফাই চলাই থকা সন্ত্রাসবাদ এই ধৰণৰ সন্ত্রাসবাদ। (অৱশ্যে আলফাৰ আলোচনাপন্থী গোটে সম্প্রতি পৃথক ৰাষ্ট্ৰ
গঠনৰ দাবী প্রত্যাহাৰ কৰিছে।) এনডিএফবি, কেপিএলটি, জিএনএলএফ,
কেএলও, কেপিএলএফ আদিয়ে চলাই থকা সন্ত্রাসবাদো
জাতীয়তাবাদী সন্ত্রাস। (২) ধর্মীয় সন্ত্রাসবাদ- এওঁলোকে
এক বা একাধিক ধৰ্মীয় সম্প্ৰদায়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ কাৰণে চেষ্টা চলাই আছে। মৌলবাদী
ইছলামিক সংগঠনে চলাই থকা সন্ত্রাসবাদ এনেকুৱা ধৰণৰ সন্ত্রাসবাদ। এওঁলোকে
জন্মু-কাশ্মীৰত অলেখ ধন-জন নাশ কৰাৰ লগতে
মুম্বাইত ১৯৯৩ চনৰ ১২ মাৰ্চৰ পৰা ২০১১ চনৰ ১৩ জুনলৈকে ৯ টা পর্যায়ত সন্ত্রাসবাদী আক্রমণ
চলাই চৰকাৰী তথ্য অনুসৰি ৭৩১ জন মানুহৰ প্ৰাণনাশ কৰাৰ লগতে বহুতো সা- সম্পত্তি ধ্বংস কৰিছে। দিল্লীৰ
২০০১ চনৰ সংসদ ভৱন আক্ৰমণ আৰু ২০০৫ চনৰ বোমা বিস্ফোৰণ ধর্মীয় সন্ত্রাসবাদীয়ে সংঘটিত
কৰিছিল বুলি জনা যায়। (৩) মাওবাদী সন্ত্রাসবাদ-এওঁলোকে
কার্লমার্ক্স, লেলিন, মাওচেটুঙৰ অৰ্থনৈতিক
আদর্শ প্রতিষ্ঠাৰ কাৰণে সন্ত্রাসবাদ চলাই আছে। ঝাৰখণ্ড, বিহাৰ, অন্ধ্র প্রদেশত মাওবাদী সন্ত্রাসবাদীয়ে নানা
ধৰণৰ ধ্বংসাত্মক কার্য-কলাপ সংঘটিত কৰি আছে। ভাৰতৰ
এইসকল সন্ত্রাসবাদীৰ লগত নেপালৰ মাওবাদীসকলৰো যোগসূত্র আছে বুলি জনা যায়। (৪) নেক্রো(NACRO) সন্ত্রাসবাদ- এওঁলোকে মাদক দ্রব্য কিনা-বেচাৰ ক্ষেত্ৰ তৈয়াৰ কৰি সেই ক্ষেত্র নিৰাপদ ৰখাৰ কাৰণে সন্ত্রাসবাদী কাৰ্য
সংঘটিত কৰি আছে। উত্তৰ-পূৰ্বাঞ্চলত মাদক দ্রব্যৰ দৌৰাত্ম এনে ধৰণৰ সন্ত্ৰাসবাদৰে ফল।
আমাৰ উত্তৰ-পূৰ্বাঞ্চল সম্প্রতি জাতীয়তাবাদী সন্ত্রাসবাদীৰ
ঘাটিত পৰিণত হৈছে। দেশ স্বাধীন
হোৱাৰ পাছত নগালেণ্ডত ফিজোই বেলেগ ৰাষ্ট্ৰ গঠনৰ দাবীত ‘নগা ৰাষ্ট্ৰীয় পৰিষদ' গঠন কৰি প্ৰথম সন্ত্রাসবাদৰ সূচনা
কৰিছিল আৰু ধাৰাবাহিকভাবে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ ওপৰত আক্রমণ চলাই ভাৰত চৰকাৰক
ব্যতি-ব্যস্ত কৰি তুলিছিল। কেন্দ্ৰীয়
চৰকাৰে সেনা নিয়োগ কৰিহে উক্ত বিদ্রোহ দমন কৰি আইনৰ শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ
পাছতো নগাসকলৰ সেই সন্ত্রাসী কার্য-কলাপ অব্যাহত থকাত ১৯৬৩
চনত পৃথক নগাৰাজ্য গঠন কৰি কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ কাৰণে প্ৰয়াস কৰিছিল
যদিও এতিয়ালৈকে নগালেণ্ডত এনএছচিএনে সন্ত্রাসী কাৰ্য অব্যাহত ৰাখিছে। নগালেণ্ডত
সম্প্রতি প্রতি এক লাখ মানুহৰ মাজত প্ৰতি বছৰ এজন মানুহ সন্ত্রাসবাদীৰ জিঘাংসাৰ বলি
হয় আৰু প্ৰতি বছৰ এক লাখ মেলিটাৰীৰ মাজত ৩ৰ পৰা ৫ জন মেলিটাৰী নগা সন্ত্রাসবাদীৰ হাতত
প্ৰাণ হেৰুৱাব লগা হয়।
১৯৭৯ চনৰ ৯ এপ্ৰিলত স্বাধীন অসম গঠনৰ দাবীত সন্ত্রাসবাদী সংগঠন আলফাৰ জন্ম
হৈছে। ১৯৮৩
চনত সদস্য ভর্তিৰ কাম আৰম্ভ কৰি ম্যানমাৰৰ কিয়া(KIA- Kichan
Independence Army) আৰু নগালেণ্ডৰ এনএছচিএনৰ অধীনত ১৯৮৪ চনৰ পৰা প্ৰশিক্ষণ
গ্ৰহণৰ কাম আৰম্ভ কৰে। ১৯৮৬
চনৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামি পৰে আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড়ত ঘাটি স্থাপন কৰে। পাছৰ
পৰ্যায়ত ভূটান, ম্যানমাৰ, বাংলাদেশ আদিলৈ ঘাটি সম্প্ৰসাৰণ
কৰে। ১৯৯০
চনৰ পৰা সংঘটিত আৰু শক্তিশালী ৰূপত আত্মপ্রকাশ কৰে আৰু কমদিনৰ ভিতৰতে অধিক সক্ৰিয়
হৈ উঠে। আলফাই
হত্যা, অপহৰণ, বোমা বিস্ফোৰণকে আদি কৰি
ভালেমান ধ্বংসাত্মক কার্য সংঘটিত কৰে। ফলত
Unlawful Act-1967ৰ অধীনত আলফাক নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰি চৰকাৰে
উক্ত চনৰে নৱেম্বৰৰ পৰা বজৰং আৰু ১৯৯১ চনৰ চেপ্তেম্বৰৰ পৰা ৰাইনো অপাৰেশ্বন নামেৰে
সেনা অভিযান আৰম্ভ কৰে। এক তথ্য
অনুসৰি যোৱা দুটা দহকত সেনা আৰু আলফাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ১৮০০০ জন মানুহ মৃত্যু
মুখত পৰিছে। দেশী
আৰু বিদেশীকে ধৰি ১৪ জন মানুহ অপহৰণ কৰিছে। স্টেটমেণ্ট কাকতত ১৮ জুনত প্ৰকাশ পোৱা তথ্য অনুসৰি আলফাৰ ধ্বংসাত্মক কার্যৰ
ফলত ৫,০০০ টা আৰু আন এক তথ্য অনুসৰি ১০,০০০ টা পৰিয়াল ক্ষতিগ্রস্ত হৈছে। ২০০৩
চনৰ পৰা ভাৰতীয় সেনাই আলফাৰ বিৰুদ্ধে ৰাইনো-২ (Rhino-2)অপাৰেশ্বন আৰম্ভ কৰিছে। ২০১০
চনৰ পৰা আলোচনাপন্থী আলফা আৰু চৰকাৰৰ মাজত আলোচনা আৰম্ভ হৈছে আৰু আলোচনাপন্থী আলফাই
স্বাধীন অসমৰ পৰিৱৰ্তে বিশেষ কিছুমান দাবী উত্থাপন কৰিছে। ২০১১
চনৰ ৩ চেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলোচনাপন্থী
আলফাৰ মাজত এখন যুদ্ধ বিৰতি চুক্তি সম্পাদন হৈছে। আলফাৰ
শক্তি বৰ্তমান বহু পৰিমাণে হ্রাস পাইছে বুলি ধাৰণা কৰা হয়।
সম্প্রতি অসমত অধিক ধ্বংসাত্মক কার্য সংঘটিত কৰি আছে এনডিএফবিয়ে। ৰঞ্জন
দৈমাৰীৰ নেতৃত্বত ১৯৮৬ চনত স্বাধীন বড়োলেণ্ড গঠনৰ দাবীত প্রথমে বিডিএছএফ নামেৰে এটি
দল গঠন কৰা হৈছিল। ১৯৯৪
চনৰ ২৫ নৱেম্বৰত নাম সলনি কৰি দলটোক এনডিএফবি নামেৰে নামকৰণ কৰা হয়। ২০০৩
চনৰ ভূটান অপাৰেশ্বনৰ সময়ত এই দলৰ সদস্য সংখ্যা আছিল ৩৫০০ জন। এই সদস্যসকল
১২ টা কেম্পত বাহৰ পাতি আছিল। ভূটান
অপাৰেশ্বনৰ পাছত বহু কেডাৰে আত্মসমর্পণ কৰাত শেষলৈ গৈ মাথোন ২০০০ সদস্যহে ৰৈ থাকে। অৰুণাচল
প্রদেশ, গাৰো পাহাৰ, মেঘালয় এনেকি বিদেশী
ৰাষ্ট্র ম্যানমাৰ আৰু বাংলাদেশতো এওঁলোকৰ ঘাটি আছে। এওঁলোকৰ
লগত আলফা, কেএলও, কেপিএলএফ, এএনভিচি আৰু এনএছচিএনৰ সম্পর্ক আছে। এওঁলোকৰ
মাওবাদী সংগঠনৰ লগতো সম্পৰ্ক থকা বুলি সন্দেহ কৰা হয় ।
এনডিএফবিয়ে ১৯৯২ চনৰ ১২ ডিচেম্বৰত সপ্তম অসম আৰক্ষী বেটেলিয়ানৰ কোকৰাঝাৰৰ
চৰাইখোলাস্থিত হেড কোৱাৰ্টাৰত আক্ৰমণ কৰি ১৬০ টা গুলী ভৰ্তি ৰাইফল, ৫ টা এলএমজি লুট কৰি নিয়ে আৰু ইয়াৰ পাছৰপৰা এনডিএফবি অধিক সক্ৰিয় হৈ উঠে। এনডিএফবি
হ’ল খ্ৰীষ্টান প্রধান সংগঠন। এটা সময়ত
এওঁলোক হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বী আন এটি সংগঠন বিএলটিএফৰ লগত ধৰ্মৰ ভিত্তিত কাজিয়াত
লিপ্ত হয়। ফলত বিএলটিএফে
ভাৰতীয় সুৰক্ষা সেনাক এনডিএফবিৰ বিৰুদ্ধে সহায় কৰিবলৈ আৰম্ভ কৰে। ১৯৯৩
চনৰ ফেব্ৰুৱাৰীত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত আবছু(ছাত্র সংগঠন)ৰ এখন চুক্তি সম্পন্ন হয়। এই চুক্তি মর্মে বড়ো স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হয়। এনডিএফবিয়ে
২০০৩ চনত এই চুক্তি অমান্য কৰে। ২০০৩
চনত ভাৰত চৰকাৰ আৰু বিএলটিএফৰ লগত আন এখন চুক্তি সম্পাদন কৰা হয় আৰু উক্ত চুক্তি মর্মে
বিটিচি গঠন কৰা হয়। এনডিএফবিয়ে
এই চুক্তিও অমান্য কৰে। ২০০৩
চনৰ ডিচেম্বৰ মাহত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এনডিএফবিক আলোচনাৰ বাবে আহ্বান জনায়; কিন্তু ৰঞ্জন দৈমাৰীয়ে সেই আহ্বানত সঁহাৰি নিদিলে। ফলত ২০০৫
চনৰ ২৫ ডিচেম্বৰৰ পৰা চৰকাৰে এনডিএফবিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। ২০০৫
চনৰ ২৫মে'ত এনডিএফবি আৰু চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। উক্ত
চুক্তি মৰ্মে এনডিএফবিয়ে সাধাৰণ নাগৰিক আৰু সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ নকৰে বুলি
প্ৰতিশ্ৰুতি দিয়ে আৰু লগতে এবছৰ কাল সেনাৰ সংৰক্ষিত কেম্পত থকাৰ বাবেও সন্মতি প্রদান
কৰে; কিন্তু এনডিএফবিয়ে সেই চুক্তি উলংঘা কৰি কাৰ্বি আংলঙত
দুজন বিএলটিএফ সদস্যক হত্যা কৰে আৰু বৰ্তমানলৈকে এনডিএফবিয়ে ধ্বংসাত্মক কার্যকলাপ
অব্যাহত ৰাখিছে। জন্মলগ্নৰ
পৰা এনডিএফবিয়ে এতিয়ালৈকে প্রায় পঞ্চাশটা ধ্বংসাত্মক কাৰ্য সংঘটিত কৰিছে আৰু সেই
ধ্বংসাত্মক কার্যৰ ফলত সুৰক্ষা বাহিনীৰ ১৬৭ জন জোৱান আৰু ১২০০ জনতকৈও অধিক সাধাৰণ নাগৰিক
মৃত্যু মুখত পৰিছে বুলি এক তথ্যত প্ৰকাশ পাইছে। এতিয়ালৈকে
এনডিএফবিৰ সদস্য নিহত হৈছে ১১৩ জন।
ইয়াৰ উপৰিও এনডিএফবিৰ ধ্বংসাত্মক কার্যত অলেখ ধন-সম্পত্তি
ধ্বংস হৈছে। গৃহহীন
হৈছে অলেখ পৰিয়াল। পিতৃ-মাতৃহীন হৈছে অগণন শিশু। মচ গৈছে বহু নাৰীৰ কপালৰ সেন্দুৰ। ইয়াৰ
লগতে প্ৰতিটো ধ্বংসাত্মক কার্য সংঘটিত হোৱাৰ পাছত পালিত হোৱা বন্ধ, হতাল, ৰে’ল অৱৰোধ আদিৰ ফলত চৰকাৰী আৰু বেচৰকাৰী অলেখ
সা-সম্পত্তি ধ্বংস হৈছে। চৰকাৰী-বেচৰকাৰী কাম-কাজ ক্ষতিগ্রস্ত হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ পাঠগ্রহণ বাধাপ্রাপ্ত হৈছে। ইয়াৰ
উপৰিও বিভিন্ন অলেখ সমস্যা সৃষ্টি হোৱাৰ লগতে দিন মজদুৰৰ দিন হাজিৰা বন্ধ থকাৰ ফলত
ল'ৰা-ছোৱালীলৈ অনাহাৰে অৰ্দ্ধাহাৰে
নিশা যাপন কৰিব লগা হৈছে। মানুহৰ
শান্তি সুৰক্ষা নোহোৱা হৈছে। শান্তি
সুৰক্ষা নোহোৱা হোৱাৰ ফলত প্ৰচুৰ কেঁচামাল আৰু উদ্যোগ স্থাপনৰ সম্ভাৱনা থকা সত্ত্বেও
আমাৰ বজ্যখন উদ্যোগৰ ক্ষেত্ৰত পিছপৰি আছে। সততে সশস্ত্র সংঘর্ষ, গোষ্ঠী সংঘর্ষ,
হত্যা, অপহৰণ, বলপূর্বক ধন
সংগ্ৰহৰ তাণ্ডৱ অব্যাহত থকা ৰাজ্য এখনত কোনে কষ্টোপার্জিত ধন বিনিয়োগ কৰিব?
ফলত আমাৰ ৰাজ্যৰ মানৱ সম্পদ কৰ্মৰ সন্ধানত তামিলনাড়ু, গুজৰাট, দিল্লী, কেৰেলা আদি ৰাজ্যলৈ
ঢাপলি মেলিব লগা হৈছে। এক কথাত
ক’বলৈ গ'লে সন্ত্রাসী কার্যকলাপৰ ফলত আমাৰ ৰাজ্যৰ প্ৰগতিৰ চকৰি
ডালৰ গতি লেহেম হৈ পৰিছে।
যিখন সমাজ বা সম্প্ৰদায়ৰ প্ৰগতিৰ নামত সন্ত্রাসবাদী সংগঠনে আত্মপ্রকাশ কৰে
সন্ত্ৰাসবাদীসকল সেইখন সমাজৰ সহানুভূতিৰ ওপৰতে তিষ্ঠি থাকে। ইয়াৰ
লগতে সুবিধাবাদী কিছুমান মানুহেও নিজ স্বার্থ সিদ্ধিৰ বাবে সন্ত্রাসবাদীসকলক উৎসাহিত
কৰি থাকে। গতিকে
সেইবোৰ গোষ্ঠী, সম্প্ৰদায় বা সুবিধাবাদী মানুহৰ ৰোষত পৰাৰ লগতে জন সমর্থন
হেৰুৱাৰ ভয়ত গণতন্ত্ৰ ৰক্ষাৰ নামত চৰকাৰে সন্ত্রাসবাদীৰ বিৰুদ্ধে ল’ব লগা পর্যাপ্তপদক্ষেপ
ল’বলৈ কুণ্ঠাবোধ কৰে। এই অৱধাৰণাৰ
আধাৰত তথা দুৰ্বলতাৰ সুযোগলৈ আমাৰ দেশত সন্ত্রাসবাদীসকল দপ্দপাই ফুৰিবলৈ অৱকাশ পাইছে। এতিয়া
জোঁৰ পুৰি হাত পোৱাৰ উপক্ৰম হৈছে। গতিকে
চৰকাৰে কঠোৰ হাতেৰে সন্ত্রাসবাদীসকলক দমন কৰি মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ কাৰণে উদ্যোগ
লোৱা প্ৰয়োজন।
(গণ সংবাদ- ৬ চেপ্তেম্বৰ/ ১৪)
নলীয়াসকল আৰু
কয়াকুছিৰ ঢাৰি শিল্প
আজি-কালিৰ দৰে আগৰ দিনত যিকোনো মানুহে যিকোনো ধৰণৰ বৃত্তিত
নিয়োজিত হ’ব নোৱাৰিছিল। এক নির্দিষ্ট
জাতি-গোষ্ঠীয়েহে নির্দিষ্ট বৃত্তিত নিয়োজিত হ’ব পাৰিছিল। যাক কোৱা
হৈছিল জাতিগত বৃত্তি। যেনে- এক বিশেষ শ্ৰেণীৰ মানুহে বাঁহ বা তামোল গছ ৰোপন কৰিব পাৰিছিল আৰু কাসুন্দি
বনাব পাৰিছিল। বেলেগে
এই কাম কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা আছিল বুলি এক ধাৰণা প্ৰচলিত আছিল। গতিকে
ক্ষতি হোৱাৰ ভয়ত বেলেগ মানুহে উক্ত কামৰ পৰা বিৰত থাকিছিল। ধোবা, নাপিত, মুচী, মেথৰ, মাল, কৈৱৰ্ত, কমাৰ, কুমাৰ, তাঁতীকে আদি কৰি বিভিন্ন বৃত্তিত জাতিগতভাবে মানুহ
নিয়োজিত আছিল। এওঁলোকৰ
অবিহনে সমাজ জীৱন পৰিচালিত হোৱা সম্ভৱ নাছিল যদিও এওঁলোকক হীন দৃষ্টিৰে চোৱা হৈছিল। আজি-কালি যিকোনো মানুহে যিকোনো ধৰণৰ বৃত্তিত নিয়োজিত হোৱাৰ প্ৰৱণতা গা কৰি উঠিছে। অর্থাৎ
কৰ্মৰ সৰু-বৰ নাই প্ৰত্যক্ষভাবে নহ'লেও পৰোক্ষভাবে
এই প্ৰৱণতা সকলোৰে মনত গা কৰি উঠিছে। সমাজ জীৱনৰ কাৰণে এই মনোভাৱ সঁচাকৈয়ে এক শুভ লক্ষণ। সম্প্রতি
বহুতে ধোবাৰ কাম কৰিবলৈ লৈছে, চুলিকটা কামত নিয়োজিত
হৈছে। মাছ মাৰি
বিক্ৰী কৰাটো এটা সময়ত হীন কাম বুলি গণ্য কৰা হৈছিল; কিন্তু আজি-কালি বহুতো সম্ভ্রান্ত মানুহ মাছ পোহা কামৰ
লগত জড়িত হৈছে। আটাইতকৈ
নিকৃষ্ট কাম বুলি গণ্য কৰা মুচীৰ কামতো কিছুসংখ্যক মানুহ নিয়োজিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু
দুখৰ বিষয়, এইবোৰ বৃত্তিত নিয়োজিত মানুহবিলাকক প্রকাশ্যে কোনো ধৰণৰ
সমালোচনা নকৰিলেও হীন চকুৰে চোৱাৰ প্ৰৱণতা এটা এতিয়াও আছে। ফলত এইবোৰ
বৃত্তিত নিয়োজিত মানুহৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিবলৈ এতিয়াও বহু মানুহে দ্বিধাবোধ
কৰা দেখা যায়।
ঢাৰি বা পাটী বোৱা কামো আগতে এক নিৰ্দিষ্ট গোষ্ঠীৰ মানুহে কৰিছিলি। পূৰ্বতে
ধান, মাহকে আদি কৰি বিভিন্ন শস্য ভঁৰালত সংৰক্ষণ কৰি ৰখাৰ কাৰণে
ঢাৰি, ঢোল (বাখৰু) আদি ব্যৱহাৰ কৰা হৈছিল। আগৰ দিনত
নলৰ অভাৱ নাছিল। সেয়ে
তেতিয়া ঢাৰি বা ঢোল (বাখৰু) নলেৰে তৈয়াৰ কৰা হৈছিল। ঢাৰি
বা বাখৰুৱে নহয়, শোৱাপাটীও নলেৰে তৈয়াৰ কৰা হৈছিল। নলৰ কামৰ
লগত যুক্ত মানুহবিলাকক নলীয়া বুলি জনা গৈছিল। স্থানীয়
ভাষাত এওঁলোকক ‘নৈলা’ বুলি কোৱা হৈছিল। আমাৰ
অসমত বসবাস কৰা নলীয়াসকলৰ পূৰ্বপুৰুষৰ ইতিহাস সম্পর্কে জানিবলৈ হলে আমি তেতিয়াৰ বংগদেশৰ
অৰ্থনৈতিক দিশৰ বিষয়ে কিছু কথা আলোচনা কৰাটো প্ৰাসংগিক হ’ব। কাৰণ
বৰ্তমান অসমত বসবাস কৰা নলীয়াসকল তেতিয়া বংগৰ পৰা আন্তঃপ্ৰব্ৰজন কৰিহে অসমলৈ উঠি
আহিছে।
বংগদেশ কৃষিপ্রধান দেশ। ভূমিভাগ
সমতল আৰু পলসুৱা মাটিৰে গঠিত। আৱহাৱা
সেমেকা। ধান, মৰাপাট আৰু ৰবিশস্যৰ কাৰণে খুবেই উপযোগী। গতিকে
এই ভূমিভাগৰ সৰহ সংখ্যক লোকেই কৃষিজীৱী আছিল। কৃষিৰ
লগত প্ৰত্যক্ষভাবে জড়িত নোহোৱা লোকসকলো পৰোক্ষভাবে কৃষিকৰ্মৰ লগত জড়িত আছিল। পৰোক্ষভাবে
জড়িত লোকসকলৰ ভিতৰত আছিল জমিদাৰ, জোতদাৰ, শিকদাৰ, তালুকদাৰ, সুদখোৰ মহাজন
আৰু নবাব বা জমিদাৰৰ কৰ্মচাৰীসকল। গতিকে উৎপাদিত শস্য সংৰক্ষণৰ কাৰণে ঢোল বা বাখৰুৰ খুবেই প্রয়োজন আছিল৷
ফলত ঢাৰি-পাটী বা বাখৰু আদি তৈয়াৰ কৰাৰ কাৰণেও এক শ্ৰেণীৰ লোক নিয়োজিত
আছিল আৰু সিহঁতক নলীয়া বুলি জনা গৈছিল। নলীয়াসকল
মূলতঃ কৃষিকৰ্মৰ লগত জড়িত আছিল আৰু অৱসৰ সময়ত ঢাৰি-পাটী, বাখৰু আদি তৈয়াৰ কৰি ওপৰুৱা ৰোজগাৰ কৰিছিল।
বংগৰ শতকৰা পঁচাশীজন মুছলমান ধর্মান্তৰিত। আমাৰ
অসমত বসবাস কৰা নলীয়াসকলো ধর্মান্তৰিত মুছলমান। বংগদেশৰ
জনসাধাৰণ প্ৰধানতঃ দুটা সম্প্রদায়ত বিভক্ত। হিন্দু আৰু মুছলমান। মুঠ জনসংখ্যাৰ
৫০ শতাংশ হিন্দু আৰু ৪৮.৮ শতাংশ মুছলমান আছিল। বাকী
১.২ শতাংশ আছিল বৌদ্ধ আৰু খ্ৰীষ্টান। ধর্মান্তকৰণ
সম্পৰ্কে ৰমেশ চন্দ্ৰ দত্তই ‘বাংলাৰ কৃষক সমাজ’ নামৰ
গ্ৰন্থত এইদৰে লিখিছে- অতীতত যিসকল শক্তিয়ে এই দেশত ৰাজত্ব কৰিছে,
আমাৰ জনসাধাৰণে অতি সহজেই তেওঁলোকৰ আদব-কায়দা,
চাল-চলনতো গ্ৰহণ কৰিছেই, এনেকি প্রয়োজন হ’লৈ ধৰ্মও গ্ৰহণ কৰিছে। বাঙালীসকলৰ
আধা সংখ্যক লোকেই তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ অতি দ্রুত পৰিৱৰ্তন কৰি মুছলমান হৈ গৈছে। অৱশ্যে
যিবোৰ সুযোগ-সুবিধা পোৱাৰ আশাত এই কাম(ধর্মান্তকৰণ)
কৰিছিল, সেইবোৰ বিচাৰি উলিওৱাটো সিমান টান কামো
নহয়। হিন্দু
ধর্ম তাৰ ধিক্কাজনক জাত-পাতৰ বিচাৰজনিত অত্যাচাৰ সেইসকল হতভাগ্যৰ কাৰণে জমা কৰি
ৰাখিছিল, যিসকল একমাত্ৰ জন্মৰ বাবে নীচকূলৰ লগত যুক্ত আছিল। মুছলমান
বিজেতাসকল আহিল, দেশ জয় কৰিলে, লগে লগে ঘোষণা কৰিলে-
সকলো মানুহ সমান। সেয়ে
ঘৃণিত অৱহেলিত লোকসকলৰ সন্মুখত নতুন ধৰ্ম গ্ৰহণ কৰাই আছিল একমাত্ৰ মুক্তিৰ পথ ৷ ধৰ্মান্তকৰণ
কৰি মুছলমান হ’লেই তেওঁলোকে উচ্চবর্ণ ভাইসকলৰ সমপৰ্যায়ত উঠিব পাৰিছিল। এনেকি
তেওঁলোকক হেয় চকুৰে চোৱা উচ্চবর্ণ হিন্দুতকৈও ওপৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কাৰণ
তেওঁলোক তেতিয়া ৰাজশক্তিৰ সমধৰ্মী। যদি কেতিয়াবা
মানৱ সভ্যতাৰ প্রকৃত ইতিহাস লিখা হয়, তেনেহ'লে দেখা যাব যে, নিন্মবৰ্ণৰ লোকসকলেই বেছিকৈ ঈশ্বৰ প্ৰেৰিত
পুৰুষৰ ধৰ্ম (ইছলাম ধৰ্ম) গ্ৰহণ কৰিছে। পূৰ্ববংগৰ
ফৰিদপুৰ, বাখৰগঞ্জ আৰু ঢাকা জিলাৰ নিন্মভূমি অঞ্চলত এটা সময়ত বেছিভাগ
নিন্মবর্ণ হিন্দুৰ বাসস্থান আছিল। এতিয়া এইবোৰ অঞ্চলত মুছলমানৰ প্রাধান্য অধিক। এইসকল
মুছলমান কিন্তু একমাত্ৰ ধৰ্মৰ বাহিৰে বাকী সকলো বিষয়তে নিন্মবর্ণ হিন্দুৰ দৰে। এনেকি
কেতিয়াবা কেতিয়াবা ধৰ্মীয় আচাৰ পালনতো প্রায় হিন্দুৰ দৰে একেই। ইয়াত
সামান্যতমো সন্দেহ নাই যে, এওঁলোক বিজয়ী মুছলমানৰ বংশধৰ নহয়; বৰং নিন্মবর্ণ হিন্দুসকলৰহে উত্তৰ পুৰুষ। এই ধর্মান্তৰিত
লোকসকলে ব্ৰিটিছ শাসন কালত অর্থনৈতিক কাৰণত আন্তঃপ্ৰব্ৰজন কৰি অসমলৈ উঠি আহিছিল।
ইয়াৰপৰা এইটো অনুমান কৰিবলৈ অসুবিধা নহয় যে, নলীয়াসকলো
ধর্মান্তৰিত মুছলমান। এওঁলোকৰ
পূৰ্বপুৰুষ কোন আছিল? ৰমেশ চন্দ্ৰ দত্তৰ প্ৰাগোক্ত গ্ৰন্থৰ ৪৯ নং পৃষ্ঠাৰপৰা
এটি উদ্ধৃতি দিলে হয়তো এই প্রশ্নৰ উত্তৰ পোৱা যাব। ৰমেশ
চন্দ্ৰ দত্তই লিখিছে- ‘মালো পাৰাৰ ওচৰতে ডোমসকলৰ পাৰা। তাত বসবাস
কৰে মুচী আৰু হাড়িসকল। এওঁলোক
নীচকুলৰ। এওঁলোক
গাঁৱৰ এটা প্ৰান্তত বাস কৰে। এওঁলোকে
ঢাৰি বয়। তাৰপৰা
এওঁলোকৰ ৰোজগাৰ পাতি বেয়া নহয়।' ইয়াৰ বাহিৰে ঢাৰি বোৱা লোকৰ কথা ক’তো উল্লেখ থকা দেখা নাযায়।
নিন্মবর্ণ হিন্দু গাঁৱৰ একেটা প্ৰান্তত বসবাস কৰাৰ পৰা এটা কথা অনুমান কৰিবলৈ
অসুবিধা নহয় যে, নলীয়াসকলৰ পুৰ্বপুৰুষো এটা সময়ত হিন্দুই আছিল। কোনোবা এটা সময়ত ধর্মান্তকৰণ কৰি মুছলমান হৈছিল। হাড়ি, ডোমৰ দৰে নলীয়াসকলো সাহসী। এওঁলোকে বাঘ, গাহৰি, বনৰীয়া ম’হ আদিৰ বিচৰণস্থলী
গভীৰ অৰণ্যৰ অভ্যন্তৰলৈ সোমাই গৈ নল সংগ্ৰহ কৰি ঢাৰি তৈয়াৰ কৰিছিল। ইয়াৰ
পৰা নলীয়াসকলৰ সাহসিকতাৰ পৰিচয় পোৱা যায় ৷ মই নিজেই ল’ৰালিত বৰ্তমানৰ বৰপেটা জিলাৰ
বাঘবৰৰ গোবিন্দপুৰ ৰিজাৰ্ভৰ পৰা নলীয়াসকলক দল বান্ধি নল, খাগৰি আদি কাটি নিয়া প্রত্যক্ষ কৰিছো। নলীয়াসকল
আমাৰ গাঁৱৰ পশ্চিম দিশত থকা পশ্চিম দেউলদিত বাস কৰিছিল। তেওঁলোকে
নল খাগৰি আদি সংগ্ৰহৰ কাৰণে আমাৰ গাঁৱৰ মাজেৰেই অহা-যোৱা
কৰিছিল।
গোবিন্দ পুৰ ৰিজাৰ্ভ তেতিয়া হিংস্ৰ বাঘ, বনৰীয়া ম’হ,
গাহৰিৰ বিচৰণস্থলী আছিল। গোবিন্দ
পুৰ ৰিজাৰ্ভত বাঘ থকাৰ কথা ময়ো জানিছিলো। এবাৰ তমছেৰ আলী নামৰ এজন লোকক বাঘে আক্ৰমণ কৰি মাৰি পেলোৱা কথাটো তেতিয়া
খুবেই প্ৰচাৰ হৈছিল। ময়ো
শুনিছিলো কথাটো। তমছেৰ
আলী বৃত্তিত এজন গাৰোৱান আছিল। তাৰ নিজৰ
ম'হ আছিল। সিদিনা সি ম'হ চৰাবলৈ গোবিন্দপুৰ ৰিজাৰ্ভৰ অভ্যন্তৰলৈ সোমাই গৈছিল। তেতিয়াই
তাক বাঘে আক্ৰমণ কৰি মাৰি পেলাইছিল আৰু মূৰটোৰ বাহিৰে দেহৰ প্ৰায় সম্পূর্ণ অংশ খাই
পেলাইছিল। পাছদিনা
গাঁৱৰ মানুহে তাৰ মূৰটো হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি আনিছিল। বাঘবৰত
লেম্বু কছাৰী নামৰ এজন বড়ো সম্প্ৰদায়ৰ লোক আছিল। তেওঁৰ
নিজৰ বন্দুক আছিল। তেওঁ
এবাৰ এটা বাঘ গুলীয়াই মাৰি বাঘবৰ থানাৰ সন্মুখত পেলাই থৈছিল। বাঘটো
মই নিজেও প্রত্যক্ষ কৰিছিলো। বনৰীয়া
ম’হ আৰু গাহৰি থকাৰ কথাও মই জানিছিলো। কেতিয়াবা
দিনৰ ভাগতে বনৰীয়া ম'হ আৰু গাহৰি আমাৰ গাঁৱলৈ গৈ উপদ্ৰৱ চলাইছিল। খেতি-পথাৰ খাই তহিলং কৰিছিল। বনৰীয়া
ম'হ আৰু গাহৰিৰ উপদ্ৰৱৰ পৰা খেতি-পথাৰ
ৰক্ষাৰ কাৰণে তেতিয়া প্ৰায় প্ৰতিখন ঘৰতে বৰ্শা আছিল। সেয়ে
মই নলীয়াসকলক তেনেকৈ অৰণ্যৰপৰা নল সংগ্ৰহ কৰা দেখি এদিন দেউতাক সুধিছিলো- এওঁলোকে যে ৰিজাৰ্ভৰ পৰা নল খাগৰি কাটি আনে এওঁলোকক বাঘে নাখায় নেকি?
তেতিয়া দেউতাই উত্তৰত কৈছিল- এওঁলোকে বাঘ বশ কৰিব
পৰা মন্ত্ৰ জানে। এওঁলোকে
হাবিত সোমাই এলেহুৱা বাণ মাৰি বাঘৰ মুখ বন্ধ কৰি থয় আৰু নল খাগৰি কটা শেষ হ’লে বাণ
কটা মন্ত্ৰৰে বাঘৰ মুখ খুলি থৈ আহে। যাৰ ফলত
বাঘে এওঁলোকক খাব নোৱাৰে।
নলীয়াসকলে মন্ত্র জানক বা নাজানক সেইটো ডাঙৰ কথা নহয়; কিন্তু তেওঁলোক যে সাহসী আছিল ইয়াত সন্দেহৰ অৱকাশ নাই। জনসংখ্যা
বৃদ্ধিৰ লগে লগে হাবি-জংঘল নোহোৱা হৈ আহিছে। গতিকে
নলীয়াসকলে নলৰ বিকল্প হিচাপে বাঁহেৰে ঢাৰি বা বাখৰু তৈয়াৰ কৰিবলৈ লৈছে। ল’ৰালিত
এই নলীয়াসকলক ঢোল আৰু ঢাৰি ভাৰ বান্ধি গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰা প্ৰত্যক্ষ কৰিছো।
কৃষিকৰ্ম দৰাচলতে মৌচুমী নিৰ্ভৰ। বছৰৰ
চাৰি-পাঁচ মাহমানহে মাথোন কৃষকসকল কৃষিকৰ্মৰ লগত জড়িত থাকে। বছৰৰ
বাকী সময়চোৱা কৃষকসকলৰ বিশেষ কাম-বন নাথাকে৷ তদুপৰি কৃষিকৰ্মৰ
মাজে মাজেও প্ৰচুৰ অৱসৰ সময় পোৱা যায়। ফলত অৱসৰ
সময়ৰ নামত মানৱ সম্পদ এক বুজন পৰিমাণৰ শক্তি অপচয় হয়। গতিকে
এই অৱসৰ সময়ত ঢাৰি-পাটী তৈয়াৰ কৰি পৰিয়ালৰ উপৰি আয়ৰ লগতে দেশৰ অৰ্থনৈতিক
দিশলৈ প্ৰভূত বৰঙণি আগবঢ়োৱাৰ থল আছে। অৱসৰ
সময়ত আটায়ে ঢাৰি তৈয়াৰ কৰি ইয়াক উদ্যোগৰ ৰূপ দিয়াৰো থল আছে। এই ঢাৰি
শিল্পৰ পৰা মাথোন বুওঁতাসকলেই লাভবান নহয়, কিছুমানে বাঁহ যোগান ধৰি,
কিছুমানে ঢাৰি সংগ্ৰহ কৰি আৰু কিছুমানে ঢাৰি বিদেশলৈ ৰপ্তানি কৰিও লাভবান
হ’ব পাৰে।
বৰ্তমান বৰপেটা জিলাৰ কয়াকুছি অঞ্চলৰ ঢাৰি শিল্পই দেশ-বিদেশৰ মানুহৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ
কাৰণে কৃতিত্বৰ সম্পূৰ্ণ দাবীদাৰ হ’ল নলীয়াসকল। গোৱালপাৰা
জিলাৰ বলবলা আৰু বৰপেটা জিলাৰ পশ্চিম দেউলদিত এটা সময়ত নলীয়াসকল বাস কৰিছিল। এওঁলোকৰ
কিছুমান বংগৰ বঙৰা জিলাৰ পৰা অসমলৈ উঠি আহিছিল। গতিকে
এওঁলোকক বহুতে বঙৰা বুলিও কয়। ব্ৰহ্মপুত্ৰ
নদৰ গৰাখহনীয়াৰ ফলত স্বৰ্বস্বান্ত হৈ নলীয়াসকল বৰ্তমান অসমৰ বিভিন্ন ঠাইলৈ উঠি গৈছে। এই নলীয়াসকলৰ
কিছুমানে কয়াকুছিত থিতাপি লৈছে। বৰ্তমান
চাৰিশৰো অধিক বণ্ডৰা পৰিয়াল কয়াকুছিত বাস কৰে বুলি জনা যায়। এওঁলোকৰ
জীৱিকাৰ প্ৰধান উপায় হ’ল ঢাৰি তৈয়াৰ৷ এওঁলোক অর্থনৈতিকভাবে দুর্বল কাৰণে সাত-আঠ বছৰীয়া ল'ৰা-ছোৱালীৰ পৰা যাঠি-সত্তৰ বছৰীয়া বৃদ্ধ-বৃদ্ধা, পুৰুষ,
মহিলা আটায়ে ঢাৰি তৈয়াৰ শিল্পৰ লগত জড়িত। (অৱশ্যে বৰ্তমান সিহঁতৰ দুই- চাৰিৰ্জনে
চৰকাৰী চাকৰি বা অন্যান্য বৃত্তিত নিয়োজিত হৈছে।) নলীয়াসকলৰ ঢাৰি তৈয়াৰৰ প্রতি আকৃষ্ট হৈয়ে বর্তমান কয়াকুছি
অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহুতে ঢাৰি শিল্পৰ প্ৰতি আকৃষ্ট হৈছে আৰু নলীয়াসকলৰ বাহিৰেও
বহুতে অৱসৰ সময়ত ঢাৰি তৈয়াৰ কৰিবলৈ লৈছে। বৰ্তমান
ঢাৰি শিল্পৰ লগত একশ্ৰেণীৰ মধ্যভোগীও জড়িত হৈছে। তেওঁলোকে
দুখীয়া পৰিয়ালক বাঁহ কিনাৰ বাবে অগ্রিম ধন দিয়ে আৰু ঢাৰি তৈয়াৰ হ’লে তেওঁলোকৰ পৰা
নগদ ধন দি ঢাৰি কিনি নিয়ে। এজন শ্রমিকে
এখন ঢাৰি তৈয়াৰৰ বিনিময়ত পাঁচশৰ পৰা ত্ৰিশ টকালৈকে মজুৰি লাভ কৰে।
বৰ্তমান ঢাৰি শিল্পক কেন্দ্ৰ কৰি আত্মসহায়ক গোট, সমবায়
আদি গঢ়ি উঠিছে। ফলত কয়াকুছিৰ
ঢাৰি শিল্পই সম্প্ৰতি উদ্যোগৰ ৰূপ লৈছে। চৰকাৰে যদি এই শিল্পীসকলৰ প্ৰতি চকু দিয়ে কয়াকুছিৰ ঢাৰি শিল্পই আন্তর্জাতিক
বজাৰ দখল কৰি দেশৰ অৰ্থনৈতিক দিশলৈ প্ৰভূত বৰঙণি যোগাবলৈ সক্ষম হ’ব বুলি আশা কৰিব পাৰি। কাৰণ
কয়াকুছিৰ ঢাৰি শিল্পই সম্প্ৰতি এছিয়া মহাদেশৰ লগতে বিশ্বৰ মানুহৰো দৃষ্টি আকৰ্ষণ
কৰিবলৈ সক্ষম হৈছে। কয়াকুছিৰ
ঢাৰি বৰ্তমান আমাৰ দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হোৱাৰ লগতে ডুবাইলৈকো ৰপ্তানি কৰা
হয় বুলি জানিব পৰা যায়। এইবোৰ
হ’ল সাধাৰণ মানদণ্ডৰ ঢাৰি। ঢাৰিবোৰত
নক্সাৰ কাম কৰি অধিক আকর্ষণীয় কৰি তুলিব পাৰিলে অভিজাত শ্ৰেণীৰ মানুহৰো দৃষ্টি আকৰ্ষণ
কৰিব পাৰিব বুলি ভবাৰ থল আছে। আৰু সেয়া
কৰিব পৰা হ’লে, এই শিল্পই কয়াকুছিৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক দিশত
প্ৰভূত বৰঙণি যোগাব পাৰিব বুলি আশা কৰিব পাৰি।
(এদিনৰ সংবাদ-০৬-০৬-২০১২)
জনজাতিকৰণ আৰু
অসম
আমাৰ সংবিধানে দুৰ্বল শ্ৰেণীৰ আৰ্থ-সামাজিক উন্নয়নৰ
বাবে ষষ্ঠ অনুসূচীৰ অধীনত সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। এই ক্ষেত্ৰত
বিশেষ তাৎপর্যপূর্ণ কথা আছিল যে, জাতি হিচাপে সংৰক্ষণৰ
ব্যৱস্থাই সমাজত উচ্চ-নীচ ভেদাভেদ সৃষ্টি কৰি ভাৰতবৰ্ষক বৈষম্যমূলক
গণতন্ত্ৰৰ মাজলৈ ঠেলি দিব বুলি সংবিধান প্রণয়ন কৰা গণ পৰিষদৰ অন্যতম সদস্য ড০ ভীমৰাও
অম্বেদকৰ নিজে পিছপৰা সম্প্ৰদায়ৰ হৈও প্রথমাৱস্থাত জাতি হিচাপে সংৰক্ষণৰ বিৰোধিতা
কৰিছিল। শেষত
অৱশ্যে অন্যান্য সদস্যৰ প্ৰবল দাবীৰ ওচৰত সেও মানি চর্ত সাপেক্ষে অর্থাৎ ১৯৫০ চনৰ ২৬
জানুৱাৰীৰ পৰা ১৯৬০ চনৰ ২৬ জানুৱাৰীলৈ ১০ বছৰৰ কাৰণে ষষ্ঠ অনুসূচীৰ সংৰক্ষণৰ ব্যৱস্থা
মানি লৈছিল। ষষ্ঠ
অনুসূচীৰ চৰ্ত সাপেক্ষে সংৰক্ষণ ব্যৱস্থা ১৯৬০ চনৰ ২৬ জানুৱাৰীতে সমাপ্ত হ’ব লাগিছিল
যদিও কেন্দ্ৰীয় চৰকাৰে নানা অজুহাতত প্ৰতি ১০ বছৰৰ মূৰে মূৰে সংবিধান সংশোধন কৰি এই
সংৰক্ষণ ব্যৱস্থা আজিলৈকে জীয়াই ৰাখিছে। ইয়াৰ ফলত কোনো কোনো জনগোষ্ঠী লাভবান হ'লেও
বহু জনগোষ্ঠীয়ে আকৌ অসুবিধা ভোগ কৰি আছে।
ফলত পৰৱৰ্ত্তী পৰ্যায়তো জাতি হিচাপে সংৰক্ষণৰ বিৰোধিতা কৰা হৈছে। ১৯৬১
চনৰ ২৭ জুনত তদানীন্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুই সংৰক্ষণৰ ব্যৱস্থা জাতিগোষ্ঠী
হিচাপে নহৈ অর্থনৈতিক ভিত্তিত হ’ব লাগে বুলি ৰাজ্য চৰকাৰসমূহলৈ চিঠি প্ৰেৰণ কৰিছিল। ১৯৬৩
চনৰ মাৰ্চ মাহত জ্যেষ্ঠ সাংসদ কাকা চাহেব কালেলকাৰৰ তত্ত্বাৱধানত এই বিষয়ে এখন আয়োগ
গঠন কৰি দিয়া হৈছিল। এই আয়োগে
যিবোৰ জাতি বা সম্প্রদায়ে সুবিধা পাব লাগে সেইবোৰৰ এটি চূড়ান্ত তালিকা প্রস্তুত কৰি
প্রতিবেদন আকাৰে দাখিল কৰিছিল। উক্ত
প্রতিবেদনত জাতি-সম্প্ৰদায়ৰ ভিত্তিত সংৰক্ষণ ভুৱা আৰু ইয়াৰ কোনো বৈজ্ঞানিক
ভিত্তি নাই বুলি উল্লেখ কৰিছিল আৰু সংৰক্ষণ আয়ৰ ভিত্তিতহে হোৱা উচিত বুলি মতপোষণ কৰিছিল। ১৯৯৮
চনৰ ১৯ এপ্ৰিলত মহামান্য উচ্চতম ন্যায়ালয়ে সংৰক্ষণৰ ভয়াৱহতালৈ লক্ষ্য কৰি কোনো কাৰণতে
যাতে ৫০ শতাংশতকৈ অধিক সংৰক্ষণৰ ব্যৱস্থা কৰা নহয় তাৰ বাবে এক নির্দেশনা জাৰি কৰিছিল
আৰু লগতে অনুন্নত জাতি-সম্প্ৰদায়ৰ ভিতৰত যিসকল উন্নত তেওঁলোকক সংৰক্ষণৰ সুবিধাৰ
পৰা বাদ দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ডাক্তৰ
আৰু ইঞ্জিনিয়াৰৰ বাচনিৰ ক্ষেত্ৰত যাতে সংৰক্ষণৰ ষষ্ঠ অনুসূচী আইন প্রয়োগ কৰা নহয়
তাৰ বাবেও পৰামৰ্শ আগবঢ়াইছিল। কিন্তু
এইসমূহ চৰ্ত তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সীতাৰাম ইয়েচুৰী, বিহাৰৰ মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱ আৰু শাৰদ পাৱাৰকে আদি কৰি কিছু সংখ্যক
নেতাৰ বিৰোধিতাৰ ফলত কাৰ্যকৰী কৰা সম্ভৱ হোৱা নাছিল। ইয়াৰ
উপৰিও ২০০০ চনৰ ৩০ জানুৱাৰীত ভূপালৰ সুবৰ্ণ সমাজ দলৰ সভাপতি লক্ষ্মণ প্রসাদ তিৱাৰীয়ে
দিল্লীত এক সমাৱেশৰ আয়োজন কৰি সংৰক্ষণ আইন বিলুপ্তিৰ কাৰণে প্রতিবাদ সাৱ্যস্ত কৰিছিল।
২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ২ কোটী আদিবাসী লোক বাস কৰে বুলি
জনা যায়। ইয়াৰে
চল্লিশ লাখ লোক বাস কৰে পূৰ্বোত্তৰ ভাৰতত। পূৰ্বোত্তৰ ভাৰতত বাস কৰা বিভিন্ন জনগোষ্ঠীক সিহঁতৰ জাতীয় বৈশিষ্ট্য আৰু
ধৰ্মীয় বিশ্বাসৰ আধাৰত ভিন্ ভিন্ নামেৰে চিহ্নিত কৰা হয় যদিও বাহিৰৰ মানুহে এইসকল
লোকক ৰাজ্যৰ নামেৰেহে জানে। যেনে- অসমত বাস কৰা সকলক অসমীয়া, নগালেণ্ডত বাস কৰা সকলক নগা,
মণিপুৰত বাস কৰা সকলক মণিপুৰী, মিজোৰামত বাস কৰা
সকলক মিজো নামেৰে চিহ্নিত কৰে। বাস্তৱতা
কিন্তু সম্পূর্ণ বেলেগ। কাৰণ
জাতিগত, ভাষিক, সাংস্কৃতিক, ধর্মীয় বৈশিষ্ট্যৰ দৃষ্টিত পূৰ্বোত্তৰ ভাৰতত যিমান বিভিন্নতা আছে,
হয়তো সমগ্ৰ বিশ্বৰ ক’তো এনেকুৱা বিভিন্নতা পাবলৈ নাই। যাৰ ফলত
পূৰ্বোত্তৰ ভাৰতক বৈচিত্ৰৰ মাজত ঐক্যৰ লীলাভূমি বুলি কোৱা হয়। পূৰ্বোত্তৰ
ভাৰতত আহোম, কছাৰী, কোচ, ৰাভা, মেছ, মিকিৰ (কাৰ্বি), লালুং(তিৱা), গাৰো, বড়ো, নগা, লুচাই, কুকি, চুতীয়া, খামটি, চিংফৌকে আদি কৰি ২১৭ টা অনুসূটীত জনজাতি আছে। ইয়াৰে
২০ টা জনজাতি আছে অসমত। ভৈয়ামত
৯ টা আৰু পাহাৰীয়া ক্ষেত্ৰত ১১ টা। এই জনজাতি
সকলৰ মাজত বড়ো, কছাৰী, ডিমাচা আৰু মিছিংসকল উল্লেখযোগ্য। এই জনগোষ্ঠীসমূহক
ভৌগোলিক অৱস্থিতিয়ে কালক্ৰমত সৰু সৰু বহু উপশাখাত বিভক্ত কৰিছে। অসমত
বসবাস কৰা উপ-জনজাতিসকলৰ মাজত বিশেষকৈ অঁকা, আবৰ,
খাচী, চিনটেং, গাৰো,
ডিমাচা, কছাৰী, বড়ো কছাৰী,
সোণোৱাল কছাৰী, ডফলা, দেউৰী,
চুতীয়া, দোৱনীয়া, ফাকিয়াল,
মিকিৰ, মিজো, মিৰি বা মিছিং,
ৰাভা, লালুং আদি উল্লেখযোগ্য।
নগালেণ্ডত কোনাক, আউচ, চেমা,
অংগামী, লোথা, ৰেংগমা আৰু
কুকিকে আদি কৰি ৩৯ টা উপজাতি আছে। মণিপুৰত আকৌ কুকি জনজাতি ৭ টা প্রমুখ উপজাতিত বিভক্ত। ত্ৰিপুৰাত
আকৌ কুকি জনজাতি ২৬ টা উপজাতিত বিভক্ত। অৰুণাচলত
১১০ টা অনুসূচীত জনজাতি আছে। মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচলত জনজাতিসকল সংখ্যা গৰিষ্ঠ। শতকৰা
হিচাপত মেঘালয়ত ৮০.৫৮ জন, নগালেণ্ডত ৯৯ জন, মিজোৰামত ৯৩.৮২ জন, অৰুণাচলত ৬৯.৮২ জন, ত্ৰিপুৰাত ২৮.৪৪ জন,
মণিপুৰত ২৭.৮৩ জন আৰু অসমত ১১ জন জনজাতি বাস কৰে। স্থানীয়
সুকীয়া পৰিৱেশত বসবাস কৰাৰ ফলত এই জনগোষ্ঠীসমূহৰ কিছু কিছু বৈশিষ্ট্য লোপ পালেও কিছুমান
উমৈহতীয়া বৈশিষ্ট্য আজিলৈকে বিদ্যমান। বিশিষ্ট
নৃতত্ববিদ্ ডব্লিউ স্মিথে তিব্বত বৰ্মী মানুহৰ মাজত থকা কিছুমান বৈশিষ্ট্যৰ কথা এনেদৰে
উল্লখ কৰিছে- (১) মূৰ কটা প্ৰথা (২) মৰং ঘৰ (৩) চাংঘৰ (৪) চাঙৰ ওপৰত মৰাশ সৎকাৰ
(৫) প্ৰাক্বৈবাহিক যৌন সম্বন্ধ (৬) তামোল-পাণ খোৱা (৭) গাখীৰ নোখোৱা (৮) ৰাজনৈতিক শক্তিৰ পৰা মুক্ত (৯)
সাধাৰণ পদ্ধতিত তাঁতশাল ব্যৱহাৰ (১০) ঢালৰ
ব্যৱহাৰ (১১) আদিম পদ্ধতিত খেতি-বাতি কৰণ আদি। এওঁলোকৰ
মাজত কিছুমান উমৈহতীয়া সংস্কৃতিও দেখা যায়। যেনে-(১) দেৱ-দেবীক কেঁচা তেজ নৈবদ্য
হিচাপে প্রদান (২০) ধর্মীয় বা সামাজিক
অনুষ্ঠানত মুকলিভাবে লাওপানী ব্যৱহাৰ (৩) হিন্দুৰ বাবে অস্পৃশ্য কুকুৰা, গাহৰি ভক্ষণ (৪) বিবাহত গাধন লোৱা প্ৰথা (৫)
ঝুম খেতিৰ জনপ্ৰিয়তা (৬) শুকান মাছ খাদ্য হিচাপে গ্রহণ (৭) আনন্দ উৎসৱত সমূহীয়া অংশগ্ৰহণ (৮) মান-মৰ্যদাৰ প্ৰশ্নত অনমনীয়তা (৯) নিজা নিজা সংস্কৃতি জীয়াই ৰখাৰ প্ৰৱণতা (১৯) সৰলতা আৰু (১১) জাতি-বৰ্ণৰ ভেদভাৱ হীনতা আদি। অৱশ্যে
সময়ৰ সোঁতত উমৈহতীয়া বৈশিষ্ট্য আৰু সংস্কৃতিৰ কিছু পৰিৱৰ্তন হোৱাৰ লগতে ষষ্ঠ অনুসূচীৰ
আধাৰত ইতিমধ্যে কে’বাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ফলত ৰাজনৈতিক আৰু আর্থিক
ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন হৈছে।
১৯৪৭ চনলৈকে বিধান সভাত জনজাতিসকলৰ কোনো সদস্য নাছিল; কিন্তু সম্প্রতি মেঘালয়, নগালেণ্ড আৰু অৰুণাচল প্ৰদেশত
জনজাতিসকলৰে আধিপত্য। বিধান
সভাত এওঁলোকৰ মুঠ সদস্য সংখ্যা ১৮০ গৰাকী। অসম, ত্ৰিপুৰা আৰু মণিপুৰত এওঁলোকৰ কাৰণে ৪৩ টা আসন সংৰক্ষিত। ৰাজ্যসভাতো পূৰ্বোত্তৰ ভাৰতৰ জনজাতিসকলৰ কাৰণে ৬
টা আসন সংৰক্ষিত। ইয়াৰ
উপৰিও পূৰ্বোত্তৰ ভাৰতৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিটোতে এওঁলোকৰ সদস্য সংখ্যা ২৪ গৰাকীকৈ। আদিবাসী
জনজাতিসকলৰ ৰীতি-নীতিৰ ওপৰত হস্তক্ষেপ নকৰাৰ ফলত কিছু কিছু আদিবাসী লোক
অন্যান্য জাতিগোষ্ঠীতকৈও অধিক সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। যিসকলে
মূৰ চিকাৰ কৰিছিল তেওঁলোক এতিয়া লিখা-পঢ়াৰ প্ৰতি আগ্ৰহী হৈ
উঠিছে। একেবাৰে
স্বল্প বস্ত্ৰ পৰিধান কৰা লোকসকল বর্তমান আধুনিক ধৰণৰ কাপোৰ পৰিধান কৰিবলৈ লৈছে। গৰুগাড়ী
চলাব নজনা লোকসকলে জীপ,ট্রাক আদি চলাবলৈ লৈছে। ঝুম খেতিত
অভ্যস্ত মানুহবিলাকে আধুনিক পদ্ধতিত খেতি-বাতি কৰিবলৈ লৈছে। এইবোৰ
কাম খুব কম সময়ৰ ভিতৰত সংঘটিত হৈছে। এওঁলোকক
জনজাতিকৰণৰ ফলত কোনো কেনো জনগোষ্ঠীৰ আকৌ অসুবিধা হৈছে। জনজাতিকৰণৰ
ফলত কোনো কোনো ক্ষেত্ৰত ঐক্যৰ এনাজাৰীডালো শিথিল হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ
ফলত অসমত জাতীয় পৰিচয়ৰ অভাৱে দেখা দিছে।
‘বিশ্ববেংকৰ অপাৰ্শ্বেনাল ডাৰেইক্টিভ’ত তলত দিয়া
বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি আদিবাসী হিচাপে স্বীকৃতি প্রদান কৰিছে। (১) কোনো ভূ- খণ্ডত প্ৰথম বসবাসকাৰী লোক। (২) সংখ্যাগৰিষ্ঠ সুসভ্য লোকৰ আগ্ৰাসনত
যিসকল প্রান্তিক জনগোষ্ঠীত পৰিণত হৈ পৰাধীন অৱস্থাত বাস কৰিবলৈ লৈছে। (৩) যিসকলে বিশেষ সামাজিক,
অর্থনৈতিক, সাংস্কৃতিক, ৰীতি-নীতি আৰু পৰম্পৰা মানি চলে আৰু নিজৰ পূৰ্বপুৰুষৰ ভূ-খণ্ড
আৰু নৃতাত্ত্বিক পৰিচয় উত্তৰপুৰুষৰ হাতত তুলি দিবলৈ দৃঢ়প্রতিজ্ঞ।(৪) বেলেগ সাংস্কৃতিক আৰু নৃতাত্ত্বিক
পৰিচয়ৰ লোকসকলৰ আগমনৰ পূৰ্বেই বৰ্তমানৰ ভূ-খণ্ডত যিসকল মানুহ
বসবাস কৰি আছিল আৰু সেই ভূ-খণ্ডৰ প্ৰাকৃতিক সম্পদৰ ওপৰত যিসকলৰ
সম্পূর্ণ নিয়ন্ত্রণ আছিল। (৫) যিসকলৰ সামাজিক, সাংস্কৃতিক
আৰু অৰ্থনৈতিক বৈশিষ্ট্য বৰ্তমানৰ সুসভ্য লোকসকলৰ পৰা পৃথক আৰু যাৰদ্বাৰা সংখ্যাগুৰু
সুসভ্য লোকৰ পৰা পৃথকভাবে চিহ্নিত কৰিব পাৰি।
জনজাতিকৰণৰ বাবে ভাৰত চৰকাৰেও কিছুমান বিশেষ অৰ্হতা নিৰ্ধাৰণ কৰি দিছে। যেনে- (১) তেওঁলোক এক নিৰ্দিষ্ট ভূ-খণ্ডত
ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা বসবাস কৰি আছে নে নাই। (২) সেই জনগোষ্ঠীৰ মাজত থকা-মেলা, খোৱা-বোৱা, আচাৰ-ব্যৱহাৰ, জীৱন নিৰ্বাহ প্ৰণালী, উপাসনাকে আদি কৰি স্বকীয় পদ্ধতি আৰু সংস্কৃতিৰ লক্ষণ আছে নে নাই। (৩) নিজা সাজ-পাৰ, গীত-মাত, নাচ-গান, কলা-কৃষ্টি আছে নে নাই। (৪) জনগোষ্ঠীৰ বাসস্থান ভৌগোলিক দিশত অন্যান্য জনগোষ্ঠীৰ
পৰা বিচ্ছিন্ন হয় নে নহয়। (৫) বাট-পথ অসূচল অৰ্থাৎ নৈপৰীয়া,
পাহাৰীয়া দুর্গম অঞ্চলৰ বাসিন্দা হয় নে নহয়। (৬) তেওঁলোকে একে ঠাইত থূপ খাই বসবাস
কৰে নে নাই। (৭) লিখা-পঢ়া আৰু অৰ্থনৈতিক দিশত প্ৰকৃততে পিছপৰা হয় নে
নহয়। (৮) অন্যান্য জনগোষ্ঠীৰ লগত হলি-গলি কৰিবলৈ দ্বিধাবোধ কৰে
নেকি নাইবা হীনমান্যতাত ভোগে নেকি। (৯) জনগোষ্ঠীটো চুচুক-চামাক স্বভাৱৰ হয় নে নহয়।
ওপৰত উল্লেখ কৰা অৰ্হতাৰ পাঁচটা অৰ্হতা থাকিলে ৰাজ্য চৰকাৰে সেই জনগোষ্ঠীটোক
জনজাতিকৰণৰ বাবে প্রতিবেদনসহ Registrar General of Indiaৰ গৃহবিভাগলৈ
প্ৰেৰণ কৰে আৰু Registrar General of Indiaই অনুমোদন কৰি কেন্দ্ৰীয় অনুসূচীত
আৰু জনজাতি কল্যাণ মন্ত্রণালয় (National Commission of S.C & S T (Schedule Cast & Tribes))
লৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে। (National Commission of S.C & S T ( Schedule Cast & Tribes)) এ অনুমোদন জনোৱাৰ পাছতহে সেই জনগোষ্ঠীয়ে
ষষ্ঠ অনুসূচীৰ বিশেষ সুবিধা পাব পাৰে। ১৯৬৩
চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশ মর্মে ভাৰতৰ মহাপঞ্জীয়কে কোচ-ৰাজবংশীসকলক ১৯৯৬ চনৰ ২৭ জানুৱাৰীত অধ্যাদেশ নম্বৰ ৩১৯৯৭ যোগে জনজাতিৰ তালিকাভুক্ত
কৰিছিল যদিও তেতিয়াৰ বিজেপি চৰকাৰে সেই অধ্যাদেশ আইনত পৰণিত নকৰাৰ ফলত কোচ-ৰাজবংশীসকল জনজাতিৰ তালিকাৰ পৰা বাদ পৰিছিল। কোচ- ৰাজবংশী, টাই আহোম, মৰাণ,
মটক আৰু চুতীয়া জনগোষ্ঠীক কোনোপধ্যেই জনজাতিৰ মৰ্যদা প্ৰদান কৰা নহ'ব বুলি ২০০০ চনতেই বিজেপি চৰকাৰে অসম চৰকাৰক স্পষ্ট কৰি দিছিল। তথাপিও
তৰুণ গগৈ চৰকাৰে পুনৰ সেই ৬ টা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে কেন্দ্ৰী চৰকাৰলৈ প্ৰস্তাৱ
প্ৰেৰণ কৰিছিল। এইবাৰো
কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় জনজাতীয় বৈশিষ্ট্যৰ অভাৱৰ দোহাই দি ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ
নাকচ কৰিছে। ফলত আক্ৰাছুৰ
উপদেষ্টা তথা চিলাৰায় সেনাৰ অধ্যক্ষ বিশ্বজিৎ ৰায়ে প্রয়োজন হ'লে সশস্ত্র বিপ্লৱৰ পথ বাচি ল’ব বুলি হুংকাৰ দিছে আৰু কোচ-ৰাজবংশী পিপলচ্ এছোচিয়েশ্বনে আত্মজাহ যোৱাৰ ভাবুকি প্রদান কৰিছে। ছয় জনগোষ্ঠীয়
ঐক্যমঞ্চ, অসম তথা ছয় জনগোষ্ঠীৰ আন আন জাতীয় সংগঠনসমূহকো চৰকাৰৰ
প্ৰতাৰণাৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ বাবে আহ্বান জনাইছে আৰু আগন্তুক পঞ্চায়ত নির্বাচন
বৰ্জনৰ হুংকাৰ দিছে। এই হুংকাৰে
স্বাভাৱিকতে সমস্যা জৰ্জৰ অসমৰ ৰাজনীতিত আন এক অশনি সংকেতৰ ইংগিত বহন কৰিছে বুলি ক’ব
পাৰি।
স্মৰণযোগ্য যে, ভাৰতৰ সংবিধানৰ ৩৪০ ধাৰাৰ অধীনত অনুন্নত
জাতিৰ উন্নয়নৰ বাবে ১৯৫৩ চনত সৰ্বভাৰতীয় স্তৰত আয়োগ গঠন কৰি দিয়া হৈছিল আৰু উক্ত
আয়োগে ১৯৫৫ চনত ২৫ টা অনুন্নত জাতি(O.B.C)ৰ তালিকা প্রস্তুত
কৰিছিল। অসম চৰকাৰে
এই সংখ্যা ৩০ টালৈ বৃদ্ধি কৰি লৈছিল। এই অনুন্নত
জাতিৰ মাজৰ পৰা আকৌ ৭ টা জনগোষ্ঠীক অধিক অনুন্নত জাতি
(M,O.B.C) হিচাপে ঘোষণা কৰিছিল আৰু চাহ জনগোষ্ঠীৰ লগতে পূৰ্বৰ প্ৰভাৱশালী
মানুহকো এই তালিকাৰ অন্তৰ্ভূক্ত কৰিছিল। আহোমসকলকো
অন্যান্য অনুন্নত জাতিৰ তালিকাভূক্ত কৰা হৈছিল। অর্থাৎ
সম্প্ৰতি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰা ৬ জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীয়ে ইতিমধ্যে
অনুন্নত জাতিৰ তালিকাভূক্ত হৈ আছে। ফলত তেওঁলোকে
চৰকাৰী চাকৰি, ঠিকা-ঠুকলি, শিক্ষা অথবা অন্যান্য ক্ষেত্ৰত সংৰক্ষণ ভিত্তিক সুবিধা ভোগ কৰি আছে। এই অৱস্থাত
আকৌ জনজাতিকৰণৰ বাবে যুঁজ-বাগৰ কিমানদূৰ গ্ৰহণযোগ্য সেয়া বৌদ্ধিক মহলে চিন্তা কৰা
প্ৰয়োজন। প্ৰকৃতাৰ্থত
ক’বলৈ গ'লে, এই জনগোষ্ঠীসমূহতকৈও অধিক অনুন্নত
অর্থাৎ আর্থিক, সামাজিক আৰু শিক্ষাগত দিশত পিছপৰা জাতিগোষ্ঠী
অসমত আছে। একমাত্র
জাতি অথবা ধর্মীয় হিচাপে উন্নত হোৱাৰ কাৰণে তেওঁলোক সংৰক্ষণ ভিত্তিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সেয়ে জাতিগোষ্ঠীৰ ভিত্তিত সংৰক্ষণৰ পৰিৱৰ্তে অসমত আয়ৰ ভিত্তিতহে সংৰক্ষণৰ
ব্যৱস্থা কৰা উচিত।
বহুকেইটা অংগ-প্রত্যংগৰ সমন্বয়ত মানৱ শৰীৰ গঠিত। প্ৰতিটো
অংগ-প্ৰত্যংগৰে বেলেগ বেলেগ কাম আছে। কিন্তু
কোনো এটা অংগই স্বয়ং সম্পূর্ণ নহয়। অর্থাৎ
এটা অংগ আন এটা অংগৰ পৰিপূৰক। সেয়ে
মানুহ এজন সুস্থভাবে জীয়াই থাকিবলৈ হ'লে প্ৰতিটো অংগ-প্ৰত্যংগৰে সমন্বয় থকা প্রয়োজন। এই সুসমন্বয়ত
সামান্যতম ব্যাঘাত জন্মিলেই মানৱ শৰীৰত নানা ধৰণৰ সমস্যাই দেখা দিয়ে। মানৱ
শৰীৰৰ দৰেই নানা জাতিগোষ্ঠী, ভাষা, সংস্কৃতিৰ সুসমন্বয়ত অসম ৰাজ্যখন গঠিত। ইতিহাসে
ঢুকি নোপোৱা কালৰে পৰা নানা বৰ্ণ আৰু নানা ধৰ্মৰ মানুহ আহি অসমৰ মূল সুঁতিৰ লগত বিলীন
হৈ গৈছে। সেয়ে
অসমক বৈচিত্ৰৰ মাজত ঐক্যৰ মিলন ভূমি বুলি কোৱা হয়। মানৱ
শৰীৰৰ দৰে সকলো জনগোষ্ঠীৰ সুসমন্বয়ৰ মাজতে অসমৰ প্ৰগতি নিহিত হৈ আছে। ‘লোকে সমস্ত সুখিনা ভৱন্ত’ অর্থাৎ সকলো মানুহেই সুখী হওঁক
এই আদৰ্শৰে আমাৰ ভাৰতীয় সংবিধান ৰচনা কৰা হৈছে। কিন্তু
এই আদৰ্শৰ পৰিৱৰ্তে সম্প্ৰতি অসমৰ সকলো জাতিগোষ্ঠীয়ে নিজা নিজা ভাষা-সংস্কৃতি তথা স্বকীয়তা ৰক্ষাৰ নামত প্ৰশাসনীয় ব্যৱস্থাত অধিক অংশ গ্ৰহণৰ
দাবীত মুখৰ হৈ উঠিছে। ফলত অসমত
সুসমন্বয় অর্থাৎ জাতীয় সংহতিৰ অভাৱে দেখা দিছে। এই জাতীয়
সংহতিৰ অভাৱৰ ফলতে সম্প্রতি অসমত সময়ে সময়ে গোষ্ঠীগত, ধর্মীয় আৰু ভাষিক সংঘৰ্ষ গা কৰি উঠিছে। এই সংঘৰ্ষ
এৰাই চলিবলৈ হ'লে সকলো জাতিগোষ্ঠীয়ে স্ব স্ব গোষ্ঠীৰ উন্নয়নৰ কথা ভবাৰ
লগতে বহল উদাৰ জাতীয় পৰিচয়েৰে অসমৰ সামগ্রিক উন্নয়নৰ কথাও ভবা উচিত। কাৰণ
জাতীয় সংহতিৰ আদৰ্শৰে অনুপ্রাণিত হৈ অসমৰ সকলো জাতিগোষ্ঠী, সম্প্রাদায় একগোট হৈ জাতি হিচাপে থিয় দিলেহে অসমৰ সমস্যা সমাধান কৰা সম্ভৱ
হ'ব আৰু আনন্দ চন্দ্ৰ আগৰৱালৰ সোণৰ অসমৰ সপোন বাস্তৱত পৰিণত হ'ব।
(নিয়মীয়া বাৰ্তা-০৬-০৩-২০১৩)
মহিলাৰ ভোটাধিকাৰ
ঊনৈশ শতিকাৰ শেষৰ ফালে মহিলাৰ ভোটাধিকাৰৰ বিষয়টো নাৰীবাদৰ এক মহত্ত্বপূর্ণ
বিষয় হিচাপে বিবেচিত। ১৮৪৮
চনৰ ১৯ জুলাই এলিজাবেথ কেণ্ডী স্টেণ্টন, লুক্ৰেশিয়া মোৰ’ আৰু
অন্যান্য কে’বাগৰাকী মহিলাই লগলাগি তৈয়াৰ কৰি উলিওৱা নাৰীৰ অধিকাৰ সম্বন্ধীয় এক ঘোষণা
পত্ৰ আমেৰিকাৰ নিউইয়র্কৰ চেনেকা ফাল্সত প্রথম উপস্থাপন কৰা হৈছিল। আমেৰিকাৰ
নেত্রী স্থানীয় মহিলা সুমন বী, এন্থনী, এলিজবেথ কেণ্ডী স্টেণ্টন, লুক্ৰেশিয়া মোৰ’, লুচী স্টোন, এব্বী কেলী ফোৰ্টৰ, গ্রিম্ম্কে ভগ্নীদ্বয় আৰু অন্যান্যসকলে দাসপ্রথা শিপাৰে সৈতে উভালি পেলাবলৈ
ওকালতি কৰি আছিল। আমেৰিকাৰ
গৃহযুদ্ধ সমাপ্ত হোৱাৰ পাছত ১৮৪০ চনত পঞ্চদশতম সংবিধান সংশোধনী মৰ্মে নৱ মুক্তিপ্রাপ্ত
ক’লা লোকসকলক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল যদিও ক’লালোকসকলৰ কাৰণে সংগ্রাম কৰা মহিলাসকলে
ভোটাধিকাৰৰ অধিকাৰ পোৱা নাছিল। ফলত তেওঁলোকে
মহিলাসকলৰ ভোটাধিকাৰৰ দাবীত সংগ্রাম অব্যাহত ৰাখিছিল। সুমন
বী, এন্থনী, এলিজাবেথ কেণ্ডী স্টেণ্টনৰ
নেতৃত্বত ১৮৬৯ চনত ৰাষ্ট্ৰীয় ভোটাধিকাৰ সংঘই সংবিধান সংশোধনৰ কাৰণে আন্দোলন আৰম্ভ
কৰে। আমেৰিকান
মহিলা ভোটাধিকাৰ সংঘ নামৰ আন এটা সংঘই লুচী স্টোনৰ নেতৃত্বত উক্ত বছৰটোতে গঠন কৰা ৰাজ্যস্তৰীয়
সংগঠনৰ জৰিয়তে মহিলাৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আন্দোলনৰ পাতনি মেলে। এটা দলে
ৰাষ্ট্ৰীয় সংবিধান সংশোধনৰ কাৰণে আন্দোলন কৰি আছিল আৰু আনটো দলে ৰাজ্যৰ সংবিধান সংশোধনৰ
কাৰণে যত্ন কৰি আছিল। উক্ত
সমিতি দুখনে ১৮৯০ চনলৈকে পৃথকে পৃথকে কাম কৰি আছিল। ১৮৯০
চনত দুয়োখন সমিতি লগলাগি ৰাষ্ট্ৰীয় আমেৰিকান মহিলা ভোটাধিকাৰ সংঘ গঠন কৰে। পাছৰ
পৰ্যায়ত আন্না হাৱণ্ড-শা আৰু ক্ৰেী চেম্পিয়ন কেটে দুয়োখন সংঘৰ আন্দোলনৰ গুৰি
ধৰে আৰু কে’বাখনো ৰাজ্যত মহিলাৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। ১৯১৩
চনত এনেকুৱা ৰাজ্যৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পায়। ইয়াৰ
পাছত ৰাষ্ট্ৰীয় আমেৰিকান মহিলা ভোটাধিকাৰ সংঘই এলিচ প’ল, লুচী বৰ্গ আৰু অন্যান্যৰ নেতৃত্বত আন্দোলন ব্যাপক কৰি তোলে। ফলস্বৰূপে
১৯২০ চনত সংবিধানৰ ১৯তম সংশোধনী মৰ্মে ৰাষ্ট্ৰব্যাপী মহিলাৰ ভোটাধিকাৰ স্বীকৃত হয়।
গ্রেটব্রিটেইনত চাৰ্চিষ্ট আন্দোলনৰ লগত মহিলাৰ ভোটাধিকাৰ আন্দোলন আৰম্ভ হৈছিল। ১৯৬৫
চনত ব্ৰিটেইনৰ প্ৰখ্যাত অধিৱক্তা জন ষ্টুৱাৰ্ট মিলৰ স্ত্ৰী হেৰিয়েটে মহিলাৰ সামাজিক
অধিকাৰ সম্বন্ধীয় এখন সমিতি গঠন কৰে। ১৯৬৭
চনত ষ্টুৱাৰ্ট মিলে ১৫৫০ স্বাক্ষৰ সম্বলিত মহিলাৰ ভোটাধিকাৰৰ দাবী সম্পৰ্কীয় জনস্বার্থজনিত
এখন আবেদন সংসদত দাখিল কৰে। কিন্তু
১৮৬৯ চনতহে মহিলা ভোটাধিকাৰৰ পক্ষত ‘হাউচ অফ লৰ্ডচ’ত এক প্ৰস্তাৱ
উপস্থাপন কৰিবলৈ সক্ষম হয় আৰু কৰ পৰিশোধকাৰী মহিলাসকলে মিউনিচিপালিটিৰ নিৰ্বাচনত ভোট
প্ৰদানৰ স্বীকৃতি লাভ কৰে। জন ষ্টুৱাৰ্ট
মিল ব্ৰিটিছ অধিৱক্তাসকলৰ ভিতৰত অধিক প্ৰভাৱশালী আছিল। মহিলাৰ
ভোটাধিকাৰ সম্পৰ্কে ১৮৬৯ চনত উত্থাপন কৰা ‘ছাবজেকশ্বন অফ ওমেন’তেওঁৰ
আটাইতকৈ বিখ্যাত কৃতিত্ব। ১৮৭০
চনত গ্রেটব্ৰিটেইনৰ সৰহ সংখ্যক নগৰতে মহিলাৰ ভোটাধিকাৰ সম্বন্ধীয় সমিতিৰ শাখা সমিতি
গঠন কৰা হয় আৰু আটাইবোৰ শাখা একলগ হৈ মহিলাৰ সামাজিক ন্যায় আৰু ভোটাধিকাৰ বিচাৰি
৩ মিলিয়ন চহী সম্বলিত জনস্বার্থজনিত এখন আবেদন সংসদত দাখিল কৰে। জেকব
ব্ৰাইটে ‘হাউছ অফ কমন্স’ত ১৮৭০ চনত মহিলাৰ ভোটাধিকাৰ সম্বন্ধীয়
এখন বিধেয়ক উত্থাপন কৰে। ১৮৯৭
চনত মহিলা ভোটাধিকাৰ আন্দোলনৰ লগত জড়িত স্থানীয় সমিতিসমূহ ৰাষ্ট্ৰীয় ইউনিয়নৰ লগত
চামিল হয়। প্ৰাৰম্ভিক
পৰ্যায়ৰ মহিলা ভোটাধিকাৰ আন্দোলনৰ নেত্ৰীৰ ভিতৰত লীডিয়া বেকাৰ, বাৰবাৰ বোডিকাঁন, এমিলী ড্ৰীচ আৰু ডাঃ এলিজাবেথ কেটে
এণ্ডাৰচনৰ নাম বিশেষভাবে উল্লেখযোগ্য। ১৯১৯
চনলৈকে গেৰেট ফাছেট ৰাষ্ট্ৰীয় ইউনিয়নৰ অধ্যক্ষা আছিল।
ৰাষ্ট্ৰীয় ইউনিয়নৰ আন্দোলন চলি থকাৰ মাজতে এমেলাইন পেকহাঁট আৰু তেওঁৰ জীয়েকৰ
নেতৃত্বত ১৯০৩ চনত আন এক মহিলা ভোটাধিকাৰ আন্দোলন সক্ৰিয় হৈ উঠে। তেওঁলোকৰ
এই সংগঠনৰ নাম আছিল মহিলা সামাজিক আৰু ৰাজনৈতিক ইউনিয়ন। এই ইউনিয়নৰ
কৰ্মীসকলে নিজৰ উদ্দেশ্য বিধান পৰিষদ আৰু সাধাৰণ জনতাৰ মস্তিষ্কত জীয়াই ৰাখিবলৈ দৃঢ়প্রতিজ্ঞ
আছিল। তেওঁলোকে
ৰাজনৈতিক প্ৰৱক্তাৰ জৰিয়তে, অলি-গলিৰ সভা-সমিতিৰ জৰিয়তে আৰু অন্যান্য উপায়ে আন্দোলন
সফলকাম কৰি তুলিছিল। সাধাৰণ
নাগৰিকক উত্তেজিত কৰি তোলাৰ ফলত আন্দোলনৰ পাতনি মেলে। এটা দলে
ৰাষ্ট্ৰীয় সংবিধান সংশোধনৰ কাৰণে আন্দোলন কৰি আছিল আৰু আনটো দলে ৰাজ্যৰ সংবিধান সংশোধনৰ
কাৰণে যত্ন কৰি আছিল। উক্ত
সমিতি দুখনে ১৮৯০ চনলৈকে পৃথকে পৃথকে কাম কৰি আছিল। ১৮৯০
চনত দুয়োখন সমিতি লগলাগি ৰাষ্ট্ৰীয় আমেৰিকান মহিলা ভোটাধিকাৰ সংঘ গঠন কৰে। পাছৰ
পৰ্যায়ত আন্না হাৱণ্ড- শা আৰু ক্ৰেী চেম্পিয়ন কেটে দুয়োখন সংঘৰ আন্দোলনৰ গুৰি
ধৰে আৰু কে’বাখনো ৰাজ্যত মহিলাৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। ১৯১৩
চনত এনেকুৱা ৰাজ্যৰ সংখ্যা ১২ খনলৈ বৃদ্ধি পায়। ইয়াৰ
পাছত ৰাষ্ট্ৰীয় আমেৰিকান মহিলা ভোটাধিকাৰ সংঘই এলিচ প’ল, লুচী বৰ্গ আৰু অন্যান্যৰ নেতৃত্বত আন্দোলন ব্যাপক কৰি তোলে। ফলস্বৰূপে
১৯২০ চনত সংবিধানৰ ১৯তম সংশোধনী মৰ্মে ৰাষ্ট্ৰব্যাপী মহিলাৰ ভোটাধিকাৰ স্বীকৃত হয়।
গ্রেটব্রিটেইনত চাৰ্চিষ্ট আন্দোলনৰ লগত মহিলাৰ ভোটাধিকাৰ আন্দোলন আৰম্ভ হৈছিল। ১৯৬৫
চনত ব্ৰিটেইনৰ প্ৰখ্যাত অধিৱক্তা জন ষ্টুৱাৰ্ট মিলৰ স্ত্ৰী হেৰিয়েটে মহিলাৰ সামাজিক
অধিকাৰ সম্বন্ধীয় এখন সমিতি গঠন কৰে। ১৯৬৭
চনত ষ্টুৱাৰ্ট মিলে ১৫৫০ স্বাক্ষৰ সম্বলিত মহিলাৰ ভোটাধিকাৰৰ দাবী সম্পৰ্কীয় জনস্বার্থজনিত
এখন আবেদন সংসদত দাখিল কৰে। কিন্তু
১৮৬৯ চনতহে মহিলা ভোটাধিকাৰৰ পক্ষত ‘হাউচ অফ লৰ্ডচ’ত এক প্ৰস্তাৱ
উপস্থাপন কৰিবলৈ সক্ষম হয় আৰু কৰ পৰিশোধকাৰী মহিলাসকলে মিউনিচিপালিটিৰ নিৰ্বাচনত ভোট
প্ৰদানৰ স্বীকৃতি লাভ কৰে। জন ষ্টুৱাৰ্ট
মিল ব্ৰিটিছ অধিৱক্তাসকলৰ ভিতৰত অধিক প্ৰভাৱশালী আছিল। মহিলাৰ
ভোটাধিকাৰ সম্পৰ্কে ১৮৬৯ চনত উত্থাপন কৰা ‘ছাবজেকশ্বন অফ ওমেন’তেওঁৰ
আটাইতকৈ বিখ্যাত কৃতিত্ব। ১৮৭০
চনত গ্রেটব্ৰিটেইনৰ সৰহ সংখ্যক নগৰতে মহিলাৰ ভোটাধিকাৰ সম্বন্ধীয় সমিতিৰ শাখা সমিতি
গঠন কৰা হয় আৰু আটাইবোৰ শাখা একলগ হৈ মহিলাৰ সামাজিক ন্যায় আৰু ভোটাধিকাৰ বিচাৰি
৩ মিলিয়ন চহী সম্বলিত জনস্বার্থজনিত এখন আবেদন সংসদত দাখিল কৰে। জেকব
ব্ৰাইটে ‘হাউছ অফ কমন্স’ত ১৮৭০ চনত মহিলাৰ ভোটাধিকাৰ সম্বন্ধীয়
এখন বিধেয়ক উত্থাপন কৰে। ১৮৯৭
চনত মহিলা ভোটাধিকাৰ আন্দোলনৰ লগত জড়িত স্থানীয় সমিতিসমূহ ৰাষ্ট্ৰীয় ইউনিয়নৰ লগত
চামিল হয়। প্ৰাৰম্ভিক
পৰ্যায়ৰ মহিলা ভোটাধিকাৰ আন্দোলনৰ নেত্ৰীৰ ভিতৰত লীডিয়া বেকাৰ, বাৰবাৰ বোডিকাঁন, এমিলী ড্ৰীচ আৰু ডাঃ এলিজাবেথ কেটে
এণ্ডাৰচনৰ নাম বিশেষভাবে উল্লেখযোগ্য। ১৯১৯
চনলৈকে গেৰেট ফাছেট ৰাষ্ট্ৰীয় ইউনিয়নৰ অধ্যক্ষা আছিল।
ৰাষ্ট্ৰীয় ইউনিয়নৰ আন্দোলন চলি থকাৰ মাজতে এমেলাইন পেকহাঁট আৰু তেওঁৰ জীয়েকৰ
নেতৃত্বত ১৯০৩ চনত আন এক মহিলা ভোটাধিকাৰ আন্দোলন সক্ৰিয় হৈ উঠে। তেওঁলোকৰ
এই সংগঠনৰ নাম আছিল মহিলা সামাজিক আৰু ৰাজনৈতিক ইউনিয়ন। এই ইউনিয়নৰ
কৰ্মীসকলে নিজৰ উদ্দেশ্য বিধান পৰিষদ আৰু সাধাৰণ জনতাৰ মস্তিষ্কত জীয়াই ৰাখিবলৈ দৃঢ়প্রতিজ্ঞ
আছিল। তেওঁলোকে
ৰাজনৈতিক প্ৰৱক্তাৰ জৰিয়তে, অলি-গলিৰ সভা-সমিতিৰ জৰিয়তে আৰু অন্যান্য উপায়ে আন্দোলন
সফলকাম কৰি তুলিছিল। সাধাৰণ
নাগৰিকক উত্তেজিত কৰি তোলাৰ ফলত আন্দোলনৰ নেত্রীসকল মাজে-সময়ে গ্ৰেপ্তাৰ হ’ব লগা হৈছিল। তেওঁলোকৰ
কিছুমানে আন্দোলন সফলকাম কৰি তোলাৰ কাৰণে অনশনো আৰম্ভ কৰিছিল। প্রথম
বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত আন্দেলনৰ কৰ্মীসকলে আন্দোলন স্থগিত ৰাখি নিজৰ সংগঠনৰ শক্তি
চৰকাৰৰ সেৱাত নিয়োগ কৰিছিল। ফলত যুদ্ধ
সমাপ্তিৰ পাছত ১৯১৮ চনত ‘হাউছ অফ লৰ্ডচ’এ ত্ৰিশ বছৰৰ উৰ্দ্ধৰ মহিলাসকলৰ ভোটাধিকাৰ
প্ৰদান কৰে। ইয়াৰ
এটা দহক পাছত ১৯২৮ চনত পুৰুষ আৰু মহিলাৰ সম ভোটাধিকাৰ স্বীকৃত হয়।
গ্রেটব্ৰিটেইনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হোৱাৰ আগতেই ইউৰোপীয়ান মহাদ্বীপৰ
ফিনলেণ্ডত ১৯০৬ চনত আৰু নৰৱেত ১৯১৩ চনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হৈছিল। ফ্ৰান্সত
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৫ আৰু বেলজিয়ামত ১৯৪৬ চনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত
হয়। কমনৱেল্ল্থ
দেশসমূহৰ ভিতৰত ১৮৯৩ চনত নিউজিলেণ্ড, ১৯০২ চনত অষ্ট্রেলিয়া,
১৯১৭ চনত কানাডাত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হৈছিল। লেটিন
আমেৰিকাৰ দেশসমূহৰ ভিতৰত ১৯৩৪ চনত ব্ৰাজিলত, ১৯৩৯ চনত শ্বালভাডোৰত,
১৯৪২ চনত ডমিনিয়ন ৰিপাব্লিকত, ১৯৪৫ চনত গুৱাটেমালাত,
আর্জেন্টিনা আৰু মেস্কিকোত ১৯৪৬ চনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হয়। ফিলিপাইনচত
১৯৪৭ চনত আৰু ছোভিয়েত ইউনিয়নত ১৯১৭ চনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হয়। ছৌদি
আৰব, জর্ডান, কুৱেইত আৰু ইয়েমেনৰ বাহিৰে
মধ্যপ্রাচ্যৰ প্ৰায় সকলো ৰাষ্ট্ৰতে সম্প্ৰতি মহিলাৰ ভোটাধিকাৰ সাৱ্যস্ত হৈছে। আমেৰিকাৰ
নেতৃত্বত বহুজাতিক সেনা আৰু ইৰাকৰ মাজত সংঘটিত যুদ্ধৰ পাছত অৱশিষ্ট দেশসমূহতো গণতান্ত্রিক
অধিকাৰৰ প্ৰতি মহিলাসকল সক্ৰিয় হৈ উঠিছে।
আফ্ৰিকাৰ দেশসমূহত মহিলাৰ ভোটাধিকাৰ প্ৰায় পুৰুষৰ সমানে সমানে স্বীকৃত হৈছে। ইউগাণ্ডাতত
১৯৫৮ আৰু নাইজেৰিয়াত ১৯৬০ চনত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হৈছে। ছুইজাৰলেণ্ডত
১৯৭১ চনলৈকে মহিলাক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। ৰাষ্ট্ৰসংঘৰ
বহুকেইটা উদ্দেশ্যৰ ভিতৰত বিশ্বৰ সকলো দেশৰ মহিলাক ভোটাধিকাৰ প্ৰাদন কৰাটোও এটা উদ্দেশ্য
আছিল। ১৯৫২
চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই বিষয়ে এটি প্ৰস্তাৱ পাছ কৰে। ১৯৭০
চনলৈকে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত অধিকাংশ ৰাষ্ট্ৰই মহিলাৰ ভোটাধিকাৰ স্বীকাৰ কৰি লৈছে। সম্প্রতি
বিশ্বৰ প্ৰায় আটাইবোৰ দেশতে মহিলাৰ ভোটাধিকাৰ স্বীকৃত হৈছে আৰু যিমূহ দেশত এতিয়ালৈকে
স্বীকৃত হোৱা নাই সেইসমূহ দেশতো পর্যায়ক্রমে ভোটাধিকাৰ সাৱ্যস্ত হ’ব বুলি ধাৰণা কৰিব
পাৰি। ১৯৫৬
চনত পাকিস্থানত আৰু ১৯৭৩ চনত ছিৰিয়াত মহিলাৰ ভোটাধিকাৰ স্বীকৃত হৈছে।
আমাৰ দেশত স্বাধীনতা প্ৰাপ্তিৰ পাছত ১৯৫১ চনৰ নিৰ্বাচনৰ পৰা মহিলাক ভোটাধিকাৰ
প্ৰদান কৰা হৈছে যদিও পুৰুষৰ তুলনাত মহিলাসকল সকলো ক্ষেত্রতে বর্তমানেও উপেক্ষিত হৈ
আছে। মহিলা
ভোটাৰৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আছে যদিও মহিলা ভোটদাতা আৰু নিৰ্বাচনত প্রতিদ্বন্দ্বিতা
কৰা মহিলাৰ সংখ্যা আশানুৰূপ ধৰণে বৃদ্ধি পোৱা নাই। নৱম লোকসভাৰ
বাবে অনুষ্ঠিত হোৱা ১৯৮৯ চনৰ নিৰ্বাচনত শতকৰা ৭০.১
জন পুৰুষ ভোটদাতাৰ বিপৰীতে মহিলা ভোটদাতাৰ সংখ্যা আছিল মাথোন শতকৰা ৪৩.৯ জনীহে। উক্ত
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৬১৪৭ গৰাকী পুৰুষ প্রতিদ্বন্দ্বীৰ বিপৰীতে মাথোন ১৯৮
গৰাকী মহিলাইহে প্রতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে মাথোন ২৭গৰাকী মহিলাহে বিজয়ী হৈছিল। ২০০৪
চনৰ লোকসভা নিৰ্বাচনত মহিলা প্রতিদ্বন্দ্বীৰ সংখ্যা আছিল ১৪৯ গৰাকী আৰু ইয়াৰে বিজয়ী
হৈছিল মাথোন ৪৩ গৰাকীহে। এই সংখ্যা
মুঠ সদস্যৰ মাথোন ৮ শতাংশ আছিল। ত্রয়োদশ
লোকসভা নির্বাচনত মাথোন ৫২ গৰাকী মহিলাহে নির্বাচিত হৈছিল। এই বিজয়ী
মহিলাসকলো এনেকুৱা পৰিয়ালৰ পৰা উঠি আহিছিল, যিসমূহ পৰিয়ালৰ পুৰ্বপুৰুষসকল
পূৰ্বৰে পৰা ৰাজনীতিৰ লগত জড়িত।
দক্ষিণ ভাৰতৰ ৰাজনীতিত মাথোন সম্ভ্রান্ত পৰিয়ালৰ মহিলাৰহে প্ৰৱেশ ঘটিছে। উত্তৰ
ভাৰতত ৰাজনীতিৰ লগত জড়িত পৰিয়াল আৰু দক্ষিণ ভাৰতত চিনেমা সংস্কৃতিৰ লগত জড়িত মহিলাৰহে
ৰাজনীতিত প্ৰৱেশ ঘটিছে।
আমাৰ দেশত পঞ্চায়ত পৰ্যায়ত আসন সংৰক্ষণৰ জৰিয়তে মহিলাসকলক ৰাজনীতিত অংশগ্ৰহণৰ
সুবিধা দিয়া হৈছে যদিও সেই সুবিধা প্ৰকৃতাৰ্থত মহিলাসকলৰ পৰিয়ালৰ সদস্যসকলেহে ভোগ
কৰি আছে। এই প্রক্রিয়া
গাঁও অঞ্চলৰ অশিক্ষিত মহিলা প্রতিনিধিৰ ক্ষেত্ৰত অধিক সক্রিয়। এনেকি
এতিয়ালৈকে গাঁও অঞ্চলৰ অধিক সংখ্যক মহিলাই পুৰুষৰ নিৰ্দ্দেশতহে ভোট প্রদান কৰে। যিমান
দিনলৈকে নাৰী শিক্ষাৰ প্ৰসাৰ নহ’ব, সিমান দিনলৈকে মহিলাসকলৰ
ৰাজনৈতিক অধিকাৰ তথা ভোটাধিকাৰ মাথোন সংৰক্ষণৰ মাজতে সীমাৱদ্ধ হৈ থাকিব, ই ধুৰূপ।
(এদিনৰ সংবাদ- ২৮-০৪-২০১২)
মহিলাৰ
ৰাজনৈতিক অধিকাৰ আৰু আসন সংৰক্ষণ
আমাৰ ভাৰতীয় সংবিধানে জাতি-ধর্ম-বৰ্ণ আৰু শৈক্ষিক তথা সম্পত্তিৰ আধাৰত কোনো ধৰণৰ বৈষম্য নকৰাকৈ সকলো নাগৰিককে
ভোটাধিকাৰ প্ৰদান কৰিছে আৰু সংবিধানৰ আধাৰত পুৰুষৰ দৰে মহিলাকো স্বতন্ত্রতা তথা ৰাজনীতিত
সক্ৰিয় আৰু সমান অংশ গ্ৰহণৰ ক্ষমতা প্রদান কৰিছে। কিন্তু
বিগত ছটা দহকত গণতন্ত্ৰৰ উল্লেখযোগ্য বিকাশ হোৱাৰ পাছতো সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক জীৱনত মহিলাৰ বিশেষ প্রগতি সম্ভৱ হোৱা নাই। সংবিধানে
পুৰুষ আৰু মহিলাক ভোটদানৰ ক্ষেত্ৰত সমঅধিকাৰ প্ৰদান কৰিলেও নৱম লোকসভা নির্বাচন অর্থাৎ
১৯৮৯ চনলৈকে মহিলাসকলৰ ভোটদান প্ৰক্ৰিয়াত অংশ গ্রহণ খুবেই পুতৌজনক আছিল। নৱম লোকসভা
নিৰ্বাচনত পুৰুষে ৭০.১ শতাংশ ভোটদান সাৱ্যস্ত কৰাৰ বিপৰীতে মাথোন ৪৩.৯ শতাংশ মহিলাইহে ভোটদান সাৱ্যস্ত কৰিছিল। অর্থাৎ
পুৰুষৰ তুলনাত ২৩ শতাংশ কম মহিলাই ভোটদান প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিছিল।
ভোটদানৰ লগতে নিৰ্বাচনত মহিলা প্রতিদ্বন্দ্বীৰ অংশ গ্রহণো তেনেই পুতৌজনক। ১৯৮৪
চনৰ লোকসভা নির্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল ৪০ গৰাকী আৰু তাৰে ৩৭ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত
হৈছিল। ১৯৮৯
চনৰ সাধাৰণ নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা কিছু বৃদ্ধি পায়। উক্ত
নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা মুঠ ৬,১৪৭ গৰাকী প্ৰাৰ্থীৰ মাজত
১৯৮ গৰাকী মহিলা প্রার্থী আছিল। তাৰে
মাথোন ২৭ গৰাকী প্ৰাৰ্থীহে বিজয়ী হৈছিল। অৱশ্যে অষ্টম লোকসভা নির্বাচনত বিজয়ী মহিলাৰ সংখ্যা কিছু বৃদ্ধি পায়। এই নিৰ্বাচনত
৪২ গৰাকী মহিলা প্রার্থী বিজয়ী হৈছিল। ২০০৪
চনৰ লোকসভা নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল ১৪৯ গৰাকী আৰু তাৰে বিজয়ী হৈছিল
৪৩ গৰাকী। ত্রয়োদশ
লোকসভা নিৰ্বাচনত বিজয়ী মহিলাৰ সংখ্যা আছিল ৫২ গৰাকী আৰু পঞ্চদশ লোকসভা নিৰ্বাচনত
এই সংখ্যা ৫৮ লৈ বৃদ্ধি পাইছে। কিন্তু
এই বিজয়ী মহিলাসকলৰ মাজত সাধাৰণ পৰিয়ালৰ মহিলাৰ উপস্থিতি খুবেই নগণ্য। বিজয়ী
মহিলাসকলৰ প্ৰায় আটায়ে এনেকুৱা পৰিয়ালৰ পৰা উঠি আহিছে, যিবোৰ পৰিয়ালৰ পুৰুষ সদস্য ৰাজনীতি তথা চৰকাৰৰ লগত সক্রিয়ভাবে জড়িত। উদাহৰণ
স্বৰূপে ইন্দিৰা গান্ধী, শীলা দীক্ষিত, মহচিনা কিদওৱাই,
প্রমীলা দণ্ডাৱৰে নাম উল্লেখ কৰিব পাৰি। উত্তৰ
ভাৰতত ৰাজনীতিৰ লগত জড়িত পৰিয়ালৰপৰা ৰাজনীতিত অংশগ্ৰহণ কৰাৰ বিপৰীতে দক্ষিণ ভাৰতত
চিনেমা সংস্কৃতিৰ লগত জড়িত মহিলাসকলৰ পৰাহে ৰাজনীতিত প্ৰৱেশ ঘটিছে। উদাহৰণ
স্বৰূপে জয় ললিতা, ৰেণুকা চৌধুৰীৰ নাম উল্লেখ কৰিব পাৰি। মায়াৱতী
বা মমতা বেনাৰ্জী অৱশ্যে এই ক্ষেত্ৰত ব্যতিক্রম।
আমাৰ দেশ স্বাধীন হোৱাৰ পাছত ১৯৫৫ চনত বেইজিঙত চতুর্থ বিশ্ব মহিলা কনফাৰেন্স
অনুষ্ঠিত হৈছিল। উক্ত
কনফাৰেন্সত গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত ৰাজনীতিত মহিলাৰ ৩৩ শতাংশ অংশগ্রহণ সুনিশ্চিত
কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল। এই অৱধাৰণাৰ
আধাৰতে ভাৰতবৰ্ষত মহিলাৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰত ৩৩ শতাংশ আসন সংৰক্ষণৰ ধাৰণা সৃষ্টি
হৈছিল; কিন্তু ১৯৭৫ চনলৈকে এই বিষয়ে কোনো ধৰণৰ চিন্তা-চৰ্চা কৰা হোৱা নাছিল। ১৯৭৫
চনত মহিলাসকলৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু পাৰিবাৰিক
স্থিতি অধ্যয়ন কৰি প্ৰতিবেদন প্রস্তুত কৰাৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছিল। উক্ত
কমিটিৰ দুগৰাকী সদস্যই নিজৰ প্ৰতিবেদনত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল।
উক্ত পৰামৰ্শৰ আধাৰতে
১৯৮৪ চনত ৰাজীৱ গান্ধী চৰকাৰে পঞ্চায়তীৰাজত মহিলাৰ আসন সংৰক্ষমৰ কাৰণে ৬৪তম সংবিধান
সংশোধনী বিধেয়ক প্ৰস্তুত কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। কিন্তু
ৰাজ্যসভাত উক্ত বিধেয়ক গৃহীত নোহোৱাত বিধেয়কখন কাৰ্যকৰী হোৱা নাছিল। ১৯৯২
চনৰ ডিচেম্বৰ মাহত পঞ্চায়তীৰাজ আৰু নগৰ পালিকাসমূহত মহিলাৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষণৰ
কাৰণে পুনৰ ৭৩ আৰু ৭৪তম সংবিধান সংশোধনী মর্মে এখন বিধেয়ক প্ৰস্তুত কৰি ৰাজ্যসভালৈ
প্ৰেৰণ কৰিছিল আৰু ১৯৯৪ চনৰ এপ্ৰিল মাহত ৰাজ্যসভাই উক্ত বিধেয়কখন অনুমোদন কৰিছিল। ২০১২
চনত এই সংৰক্ষণ আকৌ ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
পঞ্চায়তীৰাজত মহিলাৰ কাৰণে আসন সংৰক্ষণ হ’লেও লোকসভা আৰু বিধান সভাত এতিয়াও
মহিলাৰ আসন সংৰক্ষণ নিশ্চিত হোৱা নাই। নাৰীৰ
ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে ১৯৯৪ চনত পেৰিছত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয়
সংসদীয় সংঘৰ এখন বৈঠকত পুৰুষ আৰু মহিলাৰ ৰাজনৈতিক জীৱনত সন্তুলন অনাৰ বাবে গণতান্ত্ৰিক
ৰাজনীতিত মহিলাৰ সক্রিয় অংশগ্ৰহণ সুনিশ্চিত কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল। এই চিন্তা-চৰ্চাৰ আধাৰতে পঞ্চায়তীৰাজত মহিলাৰ আসন সংৰক্ষণ হোৱাৰ পাছত ১৯৯৬ চনৰ লোকসভা
নিৰ্বাচনৰ সময়ত প্ৰায় সকলো ৰাজনৈতিক দলেই নিজৰ ইস্তাহাৰত মহিলাৰ কাৰণে আসন সংৰক্ষণৰ
কথা ঘোষণা কৰিছিল। উক্ত
নিৰ্বাচনত বিজয়ী হৈ ভাৰতীয় জনতা দলে চৰকাৰ গঠন কৰে আৰু ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি
অনুসৰি উক্ত চনৰে চেপ্তেম্বৰ মাহত বাজপেয়ী চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়ক
সংসদত দাখিল কৰে। কিন্তু
বিধেয়কখন সংসদত গৃহীত নহ'ল। সেয়ে
বিধেয়কখনৰ ওপৰত অধিক চিন্তা-চৰ্চা কৰাৰ কাৰণে গীতা
মুখার্জীৰ অধ্যক্ষতাত উভয় সদনৰ ৩১ জনীয়া সদস্যৰে এখন সংযুক্ত সমিতি গঠন কৰি দিয়ে। কিন্তু
উক্ত সমিতিৰ প্ৰতিবেদন প্রকাশ পোৱাৰ আগতেই জুন মাহৰ ১ তাৰিখত বাজপেয়ী চৰকাৰৰ পতন হয়
আৰু এইচ, ডি, দেৱগৌড়া চৰকাৰ ক্ষমতাত অধিষ্ঠিত
হয়। সেয়ে
সংযুক্ত সমিতিৰ অধ্যক্ষ গীতা মুখার্জীয়ে উক্ত বিধেয়কখন পাছ কৰাৰ বাবে ১৯৯৬ চনৰ ডিচেম্বৰ
মাহত তদানীন্তন প্রধান মন্ত্ৰী দেৱগৌড়ালৈ প্ৰেৰণ কৰে; কিন্তু দেৱগৌড়া চৰকাৰে উক্ত বিধেয়কখন অগ্রাহ্য কৰে। ১৯৯৮
চনত বাজপেয়ী চৰকাৰ পুনৰ ক্ষমতালৈ আহে আৰু ২০০৩ চনত পুনৰ মহিলাৰ বাবে আসন সংৰক্ষণ বিধেয়কখনৰ
ওপৰত চৰ্চা আৰম্ভ কৰে; কিন্তু নিজৰ দল আৰু বিপক্ষ দলৰ বিৰোধিতাৰ ফলত উক্ত চৰ্চা
স্থগিত ৰখা হয়।
মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত ১০৮তম
সংবিধান সংশোধনী মৰ্মে মহিলাৰ কাৰণে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ উদ্দেশ্যে
এখন বিধেয়ক পাছ কৰি উচ্চ সদনলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে। উক্ত
বিধেয়কখন উচ্চ সদনে ২০১০ চনৰ ১৫ মাৰ্চত অনুমোদন কৰি নিন্ম সদনলৈ প্ৰেৰণ কৰিছে যদিও
বিৰোধী দলৰ বিৰোধিতাৰ ফলত এই সংৰক্ষণ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। পঞ্চায়তীৰাজত
৫০ শতাংশ আসন সংৰক্ষণৰ পাছত লোকসভা আৰু বিধানসভাতো যদি মহিলাৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষণ
কাৰ্যকৰী কৰা হয় তেনেহ'লে ৰাজনীতিৰ ক্ষেত্ৰখনত এক নৱজাগৰণ সৃষ্টি হোৱাটো নিশ্চিত। কিন্তু
দুখৰ বিষয়, আসন সংৰক্ষণৰ ফলত পঞ্চায়তীৰাজত মহিলাৰ অংশগ্রহণ সুনিশ্চিত
হ'লেও নিৰক্ষতাৰ ফলত বহু ঠাইত মহিলাৰ সক্রিয় অংশগ্রহণ এতিয়ালৈকে
সম্ভৱ হৈ উঠা নাই।
বিগত ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৮৫.৯২ শতাংশ লোক গ্ৰাম্যাঞ্চলত বাস কৰে। গ্ৰাম্যাঞ্চলৰ
পুৰুষ স্বক্ষৰতাৰ হাৰ ৭৬.৫১ শতাংশ আৰু মহিলা স্বাক্ষৰতাৰ হাৰ ৬৪.০৯ শতাংশ। যিসকলে
নিজৰ নাম স্বাক্ষৰৰ লগতে চিঠি এখন পঢ়িব বা লিখিব পাৰে লোকপিয়লত তেওঁলোককে স্বাক্ষৰ
বুলি ধৰা হয়। ফলত গ্ৰাম্যাঞ্চলত
প্ৰকৃত মহিলা স্বাক্ষৰতাৰ হাৰ ২০ শতাংশৰ ওপৰত নহ'ব
বুলি ভবাৰ থল আছে। গতিকে
গ্ৰাম্যাঞ্চলৰ অধিক সংখ্যক মহিলাই নিজৰ অধিকাৰ সম্পৰ্কে সচেতন নহয়। পঞ্চায়ত
সম্পর্কে ধাৰণা থকাতো দূৰৰে কথা নিজৰ গাঁৱখনৰ চাৰিসীমা সম্পর্কেই সঠিক ধাৰণা নাই বহুতৰ। অধিকাংশ
মহিলাই ভোটদানৰ অৰ্থ আৰু তাৎপর্য কি নাজানে। পুৰুষ সদস্যৰ নিৰ্দেশতহে ভোটদান কৰে। বহুতে
আকৌ সঠিকভাবে ভোট প্রদানো কৰিব নোৱাৰে। সম্প্ৰতি
ৰাজনীতিৰ ক্ষেত্ৰখনত সেৱাৰ মনোভাৱ লোপ পাইছে। ক্ষমতা
দখল আৰু ব্যৱসায়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে ৰাজনীতিৰ ক্ষেত্ৰখনক। সেয়ে বহুতে ব্যৱসায়িক দৃষ্টিভংগীৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ
বাবে ৰাজনৈতিক দলৰ লগত জড়িত হৈ থাকে। (দলৰ প্ৰতি এইসকল ৰাজনৈতিক নেতাৰ মুঠেই দায়ৱদ্ধতা নাই। কাৰণ
দলীয় টিকটৰ পৰা বঞ্চিত হ’লেই এওঁলোকে নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা
কৰে।) মহিলাৰ বাবে আসন সংৰক্ষণৰ
ফলত যেতিয়া নিজে প্রতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্দিষ্ট কৰি থোৱা আসন মহিলাৰ বাবে সংৰক্ষিত
হয়, তেতিয়াই এইসকল ৰাজনীতিজ্ঞৰ মূৰ গৰম হৈ উঠে আৰু ভোগবাদী
মানসিকতাৰে যিকোনো উপায়ে ৰাজনীতিৰ ক্ষেত্ৰখন নিজৰ কুক্ষিগত ৰাখিবলৈ বদ্ধপৰিকৰ হৈ উঠে
আৰু নিজৰ বিকল্প হিচাপে নিৰক্ষৰ, স্বল্পশিক্ষিতা নিকট আত্মীয়
মহিলাক প্রার্থী হিচাপে প্ৰক্ষেপ কৰে। এই মানসিকতাৰ
ফলতে ৰাজনীতিৰ ক্ষেত্ৰখনত ধনবল, জনবল আৰু পৰিয়াল কেন্দ্ৰিক
ৰাজনীতিৰ পয়োভৰ ঘটিছে। পৰিয়াল
কেন্দ্ৰিক ৰাজনীতিৰ ফলতে বিগত পঞ্চায়ত নিৰ্বাচনত ধনবলেৰে টিকট আঁজুৰি নি বহুতো যোগ্যপ্ৰাৰ্থীক
বঞ্চিত কৰি, স্বাক্ষৰ কৰিব নজনা অযোগ্য প্রার্থীয়ে নির্বাচনত প্ৰতিদ্বন্দ্বিতা
কৰাৰ সুযোগ পাইছিল। ভোটাৰৰ
দুৰ্বলতা আৰু দল কেন্দ্ৰিক নিৰ্বাচনৰ ফলত সেইসকল প্ৰাৰ্থীৰ বহুতে বিজয়ীও হৈছিল। ফলত এইসকল
যোগ্যতাহীন প্রতিনিধিৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি মহিলাৰ আসন সংৰক্ষণ প্ৰহসনত পৰিণত
কৰি ধুন্ধৰ নিকটাত্মীয় পুৰুষসকলে এইসকল প্রতিনিধিক ৰাবাৰ ষ্টাম্প হিচাপে ব্যৱহাৰ কৰি
পঞ্চায়তত ব্যাপক দুর্নীতি সংঘটিত কৰিছে। ফলত বহু পঞ্চায়তত অনাস্থা দিয়াৰ দৰে ঘটনাও ঘটিছে। অৱশ্যে
এইটো ঠিক যে, কিছু সংখ্যক শিক্ষিতা মহিলাই নিজৰ ঘৰ-গৃহস্থালি চম্ভালিও পঞ্চায়তত নিজৰ যোগ্যতা প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই
মহিলাৰ বাবে আসন সংৰক্ষণৰ উদ্দেশ্য কিছু পৰিমাণে হ'লেও
সফল কৰিছে। পঞ্চায়তত
আসন সংৰক্ষণৰ পাছৰপৰা নাৰীশিক্ষাৰ প্ৰতিও বহুতকে আগ্রহী হোৱা পৰিলক্ষিত হৈছে। একমাত্র
পঞ্চায়ত প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ কাৰণেও ৰাজনীতিৰ লগত জড়িত মানুহে নিজৰ স্বল্পশিক্ষিতা
জীয়ৰী-বোৱাৰীক উচ্চশিক্ষা প্ৰদানৰ বাবে উদ্যোগী হোৱা দেখা গৈছে। এয়া
আমাৰ সমাজৰ কাৰণে সঁচাকৈয়ে এক ইতিবাচক পদক্ষেপ।
এইবাৰৰ নিৰ্বাচনতো বিগত নিৰ্বাচনৰ দৰে ধনবল, জনবলেৰে
ৱাৰ্ড, পঞ্চায়ত আৰু জিলা পৰিষদ পৰ্যায়ত স্নাতক, অধিৱক্তা প্রার্থীক বঞ্চিত কৰি বহুতো নিৰক্ষৰ অথবা স্বল্পশিক্ষিতা প্রার্থীয়ে
দলীয় টিকট হস্তগত কৰিবলৈ সক্ষম হৈছে। এনেকুৱা
তথ্যও পোহৰলৈ আহিছে যে, জিলা পৰিষদৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিৱক্তা প্ৰাৰ্থীক
বঞ্চিত কৰি স্বল্পশিক্ষিতা প্রার্থীক দলীয় টিকট দিয়া হৈছে। এই স্বল্পশিক্ষিতা
প্রার্থীসকলৰ পঞ্চায়তীৰাজৰ উদ্দেশ্য আৰু লক্ষ্য সম্পর্কে জ্ঞানৰ ভঁৰাল তেনেই শূন্য। নিজৰ
পৰিচয় দিবলৈ গৈও বহুতকে উজুটি খোৱা দেখা গৈছে। স্বামী
বা পুত্ৰৰ পৰিচয়েৰেহে পৰিচয় দিব লগা হৈছে এই স্বল্পশিক্ষিতা প্রার্থীসকলে। এওঁলোক
নিজৰ বিবেকেৰে কোনো সিদ্ধান্ত ল’বলৈ অপাৰগ। নিকট আত্মীয় পুৰুষৰ নিৰ্দেশতহে উঠা-বহা
কৰে। গতিকে
এইসকল মহিলা প্রার্থী ধনবল অথবা জনবলেৰে নিৰ্বাচনত জয়ী হ’লে পঞ্চায়তত এওঁলোকৰ ভূমিকা
কি হ’ব সেয়া সহজেই অনুমেয়। এওঁলোকৰ
স্বামী, পুত্ৰ অথবা নিকট আত্মীয়ই ক্ষমতা হস্তগত কৰি পঞ্চায়তত
পুনৰ দুৰ্নীতি সংঘটিত কৰাটো প্রায় নিশ্চিত। ফলত মহিলাৰ
আসন সংৰক্ষণৰ উদ্দেশ্য আৰু লক্ষ্যৰ লগতে পঞ্চায়তৰ উদ্দেশ্য আৰু লক্ষ্যও ভূ-লুণ্ঠিত হ’ব। গ্ৰাম্যাঞ্চলৰ
উন্নয়ন হ’ব সুদূৰ পৰাহত।
গতিকে ভোটাৰসকল সচেতন হ’বৰ হ’ল। যিসকল
প্রার্থী পঞ্চায়তৰ উদ্দেশ্য আৰু লক্ষ্য সম্পর্কে সচেতন আৰু পঞ্চায়তৰ ভাল-বেয়া সম্পর্কে নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ সক্ষম তেনেকুৱা মহিলা প্ৰাৰ্থীক
নির্বাচিত কৰাৰ বাবে উদ্যোগ ল'লেহে ৰাজনীতিত নাৰী-পুৰুষৰ সমান অংশগ্রহণ নিশ্চিত হ'ব।
(নিয়মীয়া বার্তা- ২৭-১১-২০১৩)
নাৰী নিৰ্যাতন ৰোধৰ বাবে কিছু চিন্তা-ভাৱনা
নাৰী-প্রকৃতি, নাৰী জননী। নাৰীয়ে
নিজ গৰ্ভৰপৰা পুৰুষ জন্ম দিছে, নিজৰ তেজ পান কৰাই প্রতিপালন
কৰিছে। নাৰীৰ
শক্তিৰ পৰাই পুৰুষৰ শৰীৰত পৌৰুষশক্তি সঞ্চাৰ হৈছে। নাৰীৰপৰা
পৌৰুষশক্তিৰ অধিকাৰী হৈ পুৰুষে নাৰীকেই আকৌ বলাৎকাৰ কৰিছে। পুৰুষে
নাৰীক কামিনী, ৰমণী, প্ৰমদা বুলি অপবাদ দিছে। জননীক
নৰকৰ দ্বাৰ বুলি ক’বলৈও কুণ্ঠাবোধ কৰা নাই পুৰুষে। পুঁজিবাদী
সমাজ ব্যৱস্থাৰে উন্নত পশ্চিমীয়া অপসংস্কৃতি আমদানিৰ ফলত নাৰী নিৰ্যাতনৰ ঘটনা অধিক
বৃদ্ধি পোৱা বুলি ভবাৰ থল আছে৷ কাৰণ প্ৰাচীন কালত আমাৰ দেশত নাৰীৰ স্থান যথেষ্ট ওখত
আছিল। ‘যত্র নায়াস্ত
পূজ্জতে ৰমন্ত তত্ৰ দেৱতা’। অর্থাৎ য'ত নাৰীক পূজা কৰা হয় ত’তেই দেৱতা বাস কৰে বুলি ধাৰণা কৰা
হয়। নাৰীক
দেৱীৰূপে পূজা কৰা হয় আৰু গৃহলক্ষ্মীৰ মৰ্যদা দিয়া হয়। কিন্তু
পুঁজিবাদী সমাজ ব্যৱস্থাৰে উন্নত দেশৰ ভোগবাদী সংস্কৃতি আমদানিৰ ফলত মানুহৰ মাজত সাত্ত্বিকতা
লোপ পাইছে। যাৰ ফলত
গৃহত, কার্যলয়ত, কি বাহিৰত সকলোতে নাৰী
নিৰ্যাতনৰ চিকাৰ হৈছে।
নাৰী কে’বা ধৰণে নির্যাতিতা হয়। যৌতুকজনিত
নির্যাতন আৰু হত্যা, ধর্ষণ আৰু হত্যা, শ্লীলতাহানি,
ভ্রূণ হত্যা, অপহৰণ, বিয়াৰ
প্ৰলোভনেৰে ফুচুলাই নি অনৈতিক কার্য তথা যৌন কর্মত লিপ্ত কৰোৱা আদিয়ে প্রধান। ইয়াৰ
ভিতৰত ধৰ্ষণে আটাইতকৈ স্পর্শকাতৰ বিষয়। কাৰণ ধর্ষণে নাৰীৰ চৰিত্ৰত চিৰদিনৰ বাবে কলংকৰ কালিমা সানি দিয়ে। ধর্ষিতা
নাৰী সামাজিকভাবে অৱহেলিতা, লাঞ্ছিতা আৰু নিন্দিতা হয়। ফলত আত্মীয়-স্বজনৰ কাৰণে দুঃসহ যন্ত্ৰণাৰ কাৰণ হৈ পৰে। অবিবাহিতা
ছোৱালীৰ বিয়া হোৱা কঠিন হয় আৰু বিবাহিতা নাৰী নিজৰ স্বামী তথা শহুৰ ঘৰৰ প্ৰতিজন সদস্য- সদস্যাৰদ্বাৰা তিৰস্কৃত হোৱাৰ লগতে সমাজৰ পৰাও উপেক্ষিতা হয়। কেতিয়াবা
আকৌ বিবাহ বিচ্ছেদৰ কাৰণো হৈ পৰে। ফলত বেছিভাগ
ক্ষেত্ৰতে ধৰ্ষণৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰা হয়।
১৯৭১ চনৰ পাছৰ পৰা ৮৭৩.৩ হাৰত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে
বুলি অপৰাধ অনুসন্ধান ব্যুৰ'ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ১৯৭১
চনত ২৪৮৭ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিৰীতে ২০১১ চনত ভাৰতত মহিলাৰ বিৰুদ্ধে ২,১৯,০৬২ টা অপৰাধ সংঘটিত হোৱা বুলি প্ৰকাশ পাইছিল। এই অপৰাধৰ
ভিতৰত সৰ্বাধিক ২৪,২০৬ টাই আছিল ধৰ্ষণৰ ঘটনা। ২০১০
চনত এই ধৰ্ষণৰ ঘটনা ঘটিছিল ২১,৮৮৪ টা। যৌতুকৰ
কাৰণে মহিলা হত্যাৰ ঘটনা সংঘটিত হৈছে ৮,৯৬৮ টা। মহিলা
অপহৰণৰ ঘটনা ৩৫,৫৬৫ টা, অশ্লীল উৎপীড়নৰ ঘটনা ৪২,৯৬৮ টা, যৌন নির্যাতনৰ ঘটনা ৮৫৭০ টা। বিশ্বত
প্রতি মিনিটত আৰু ভাৰতত
প্ৰতি ২০ মিনিটত এটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হয় বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্রতিবেদনৰ
পৰা জানিব পৰা যায়। অসমৰ
ক্ষেত্ৰতো ধৰ্ষণৰ ঘটনা কম উদ্বেগজনক নহয়। ২০০৬ চনত ৭,১৬৪ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১০ চনত ১১,৫৬৩ টা ঘটনা সংঘটিত হোৱা বুলি ২০১১ চনত বিধানসভাৰ শীতকালীন অধিৱেশনত বনমন্ত্ৰী
ৰকিবুল হুছেইনে প্রকাশ কৰিছিল। ৰাষ্ট্ৰীয়
অপৰাধ অনুন্ধান ব্যুৰ’ৰ তথ্য অনুসৰি ধৰ্ষণৰ ক্ষেত্ৰত দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰৰ
পাছতে অসম পঞ্চম স্থানত আছে।
ক্রমাগতভাবে বৃদ্ধি পাই থকা অন্যায়-অত্যাচাৰৰ পৰা মহিলাসকলক
মুক্ত কৰাৰ কাৰণে নানা ধৰণৰ আইন প্রণয়ন কৰা হৈছে। ভাৰতীয়
সংবিধানৰ ১৫ অনুচ্ছেদৰ জৰিয়তে নাৰীক পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰা হৈছে। সংবিধানৰ
২৩ আৰু ২৪ অনুচ্ছেদৰ জৰিয়তে নাৰীৰ বিৰুদ্ধে কৰা শোষণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সংবিধানৰ
৩৯ (ক) অনুচ্ছেদত মহিলাসকলক বিনামূলীয়া
আইনগত পৰামৰ্শ পোৱাৰ বাবে সুবিধা দিয়া হৈছে। নাৰীক
ৰাজনৈতিকভাবে সবল কৰিবলৈ ১৯৯২ চনত সংবিধানৰ ৭৩ তম আৰু ৭৪ তম সংশোধনী মর্মে পঞ্চায়ত
আৰু নগৰ পালিকাসমূহত ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হৈছিল। বর্তমান
এই সংৰক্ষণ ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
সংবিধান প্রদত্ত সুবিধাৰ উপৰিও নাৰীয়ে যাতে শিক্ষা-দীক্ষাৰ
সুবিধা, ৰাজনৈতিক সুবিধা, কর্মসংস্থানৰ
সুবিধা, সুৰক্ষাকে আদি কৰি বিভিন্ন সা-সুবিধা
ভোগ কৰিব পাৰে তাৰ বাবে ১৯৯০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰি দিয়া হৈছে। উক্ত
আয়োগৰ অধীনত প্ৰতিখন ৰাজ্যতে আকৌ ৰাজ্যিক মহিলা আয়োগ গঠন কৰি দিয়া হৈছে। নাৰীৰ
বিৰুদ্ধে সংঘটিত নির্যাতন ৰোধৰ বাবে ভাৰতীয় দণ্ডবিধিতো বহুকেইটা ধাৰা সন্নিৱিষ্ট কৰি
দোষীকশাস্তি বিধানৰ ব্যৱস্থা কৰা হৈছে। যেনে- (১) নাৰীৰ বিৰুদ্ধে যৌন নির্যাতন ৰোধৰ বাবে ভাৰতীয় দণ্ডবিধিৰ
৩৭৫ আৰু ৩৭৬ ধাৰা প্ৰণয়ন কৰা হৈছে।
(২) মহিলাক বিৰক্ত কৰাৰ অপৰাধত
শাস্তি প্রদানৰ বাবে ভাৰতীয় দণ্ডবিধিত ৫০৯ ধাৰা প্ৰণয়ন কৰা হৈছে। (৩) ১৮ বছৰৰ তলৰ মহিলাক অপহৰণ কৰাৰ
অপৰাধত শাস্তি প্ৰদানৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ ধাৰা প্ৰণয়ন কৰা হৈছে। (৪) ১৮ বছৰৰ ওপৰৰ মহিলাক অপহৰণ কৰিলে
শাস্তি প্ৰদানৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰা প্ৰণয়ন কৰা হৈছে। (৬) মহিলাক অনৈতিক কার্যত নিয়োজিত
কৰাৰ উদ্দেশ্যে বিক্ৰী অথবা ক্ৰয় কৰিলে ভাৰতীয় দণ্ডবিধিৰ ৩৭২ আৰু ৩৭৩ ধাৰা প্ৰণয়ন
কৰা হৈছে। (৭) কোনো মহিলাক শাৰীৰিক অথবা মানসিকভাবে নির্যাতন কৰিলে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮
ধাৰাত শাস্তি বিধানৰ ব্যৱস্থা আছে। (৮) কোনো ব্যক্তি বা প্ৰচাৰ মাধ্যমে
মহিলাৰ অশ্লীল ছবি বা অশ্লীল মন্তব্য প্রচাৰ কৰিলে তেনে অপৰাধীক ভাৰতীয় দণ্ডবিধিৰ
২৯২, ২৯৩, ২৯৪ ধাৰাৰ অধীনত দুবছৰৰ কাৰাদণ্ডৰ
লগতে জৰিমনা বিহাৰ ব্যৱস্থা আছে। কিন্তু অতি পৰিতাপৰ কথা যে, মহিলাৰ সুৰক্ষা আৰু অধিকাৰ
সংৰক্ষণৰ বাবে পর্যাপ্ত আইন আৰু সংগঠন থকা সত্ত্বেও কোনো আইন বা সংগঠনেই মহিলাৰ বিৰুদ্ধে
কৰা অপৰাধ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই; বৰং বাঢ়নি পানীৰ দৰে দিনে
দিনে অপৰাধৰ মাত্রা বৃদ্ধিহে পাই আছে। ইয়াৰ
কাৰণ হিচাপে তলত উল্লেখ কৰা কাৰকসমূহকে চিহ্নিত কৰিব পাৰি-
(১) গাঁৱৰ মহিলাসকল শিক্ষা-দীক্ষাত পিছপৰি
থকাৰ কাৰণে নিজৰ অধিকাৰ সম্পৰ্কে সচেতন নহয়। ফলত তেওঁলোকে
ঘৰৰ চাৰি দেৱালৰ মাজত আৱদ্ধ থাকি গৃহবধূ হিচাপে পুৰুষৰ আজ্ঞাধীন হৈ থকাত অভ্যস্ত। অশিক্ষিত
হোৱাৰ কাৰণে তেওঁলোকে শাৰীৰিক আৰু মানসিক শোষণৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ সাহস গোটাব
নোৱাৰে। ফলত পুৰুষৰ
সমান শ্রমশীল হৈয়ো তেওঁলোক দলিত আৰু উপেক্ষিত জীৱনত অভ্যস্ত হৈ আছে।
(২) আমাৰ দেশৰ গৰিষ্ঠ সংখ্যক মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস
কৰে। পেটৰ
ভোক নিবাৰণ আৰু ল’ৰা-ছোৱলীৰ অন্ন-বস্ত্ৰ সংস্থান কৰিবলৈ
দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ কিছুমানে কেতিয়াবা অনৈতিক কাৰ্য কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ
পৰাই তেওঁলোকৰ অন্তহীন দৈহিক শোষণ আৰম্ভ হয়। আমাৰ
সমাজৰ দুঃশাসন ৰূপী মদাহী, জুৱাৰী আৰু নাৰী ব্যৱসায়ীসকলো নাৰীৰ এই অধঃপতনৰ কাৰণে
বহু পৰিমাণে দায়ী। আর্থিকভাবে
অনুন্নত যুৱতীক বহু সময়ত বিয়াৰ প্ৰলোভন দি ফুচুলাই নিও অনৈতিক কার্যত লিপ্ত কৰোৱা
হয়।
(৩) সম্প্ৰতি পাশ্চাত্য সংস্কৃতিৰ অন্ধ অনুকৰণৰ ফলত আমাৰ সমাজত
ভোগবাদী অপ-সংস্কৃতি অভাৱনীয়ৰূপে গা কৰি উঠিছে। আমাৰ
ভাৰতীয় সমাজ ব্যৱস্থাত লজ্জাক নাৰীৰ আভূষণ হিচাপে স্বীকৃতি দিয়া হয় যদিও পাশ্চাত্য
সংস্কৃতি বিকাশৰ ফলত এচাম নাৰী সম্প্ৰতি ভোগবাদী সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ লাজ-লজ্জা বিসর্জন দি নিজৰ ভোগৰ সামগ্ৰী আহৰণ কৰিবলৈ উঠিপৰি লাগিছে। ফলত এইসকল
নাৰী কেতিয়া কেনেকৈ পুৰুষৰ লালসা আৰু কামনাৰ চিকাৰ হৈ পৰে, তেওঁলোকে নিজেই সেয়া নাজানে।
(৪) ছদ্ম আধুনিকতাৰ নামত আমাৰ সমাজৰ বহুতৰে নৈতিক স্খলন হৈছে। আমাৰ
পূৰ্বপুৰুষসকলৰ উচ্চ নৈতিক আৰু সাত্ত্বিক আদৰ্শক সম্প্রতি আমি পশ্চাদমুখী আৰু গোড়ামী
আখ্যা দিছো। ধৰ্মৰ
প্রতি আস্থা আৰু আমাৰ প্ৰাচীন সংস্কৃতিৰ প্ৰতি আমাৰ আসক্তি নোহোৱা হৈছে। ফলত ভগবানৰ
প্ৰতি আস্থা আৰু পাপৰ প্ৰতি ভয় নোহোৱা হৈছে। ভোগবাদী
সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ আমি আধ্যাত্মিক প্ৰগতিৰ কথা পাহৰি গৈছো। আমি উচ্ছৃঙ্খলতা, উদণ্ডতা আৰু অশালীনতাকে স্বতন্ত্ৰতা আৰু আধুনিকতা হিচাপে মানি লৈছো। ফলত আমাৰ
সমাজত ব্যভিচাৰ, বলাৎকাৰ, অপহৰণ, শ্লীলতাহানিৰ দৰে ঘটনা ক্রমান্বয়ে বৃদ্ধি পাই আছে।
(৫) জনসংখ্যা বৃদ্ধিৰ ফলত কৰ্মসংস্থান সংকুচিত হৈছে। ফলত মানুহৰ
মাজত অসামাজিক কাৰ্যৰ প্ৰৱণতা বৃদ্ধি পাইছে।
(৬) কলংকৰ ভয়ত বিশেষকৈ ধৰ্ষণৰ ক্ষেত্ৰত প্ৰকৃত ঘটনা গাপ দিয়াৰ
কাৰণে চেষ্টা কৰা হয়। ফলত ধৰ্ষণকাৰীয়ে
এই দুৰ্বলতাৰ সুযোগ লৈ ধৰ্ষণৰ বাবে উৎসাহিত হয়।
(৭) ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হ’লেও বিলম্বিত বিচাৰ প্ৰক্ৰিয়াৰ
কাৰণে বহুক্ষেত্ৰত দোষী আইনৰ সুৰুঙাৰে সাৰি যায়। ফলত ধৰ্ষণকাৰীৰ
মনত আইনৰ ভয় নোহোৱা হৈছে। ২০১২
চনত দিল্লীত পঞ্জীয়ন হোৱা ৬৩৫ টা গোচৰৰ মাথোন এটা গোচৰ নিষ্পত্তি হোৱা ঘটনাই এই কথাকে
প্রমাণ কৰে।
(৮) বহুতে আকৌ আচামী অথবা আচামীৰ আত্মীয়-স্বজনৰ ভাবুকিত প্রকৃত ঘটনা প্ৰকাশৰপৰা বিৰত থাকে।
(৯) আইনৰ চকুত সকলো সমান বুলি কোৱা হয় যদিও আমাৰ দেশৰ আইনে
সবলৰ পক্ষ লোৱাটো এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে। দৰাচলতে আৰ্থিক আৰু সামজিকভাবে দুর্বল নাৰীহে
বেছিভাগ ক্ষেত্ৰত নিৰ্যাতন তথা ধৰ্ষণৰ বলি হয়। ফলত বহুতে
ন্যায় পোৱাৰ পৰা বঞ্চিত হয়।
(১০) গা এৰা মনোভাৱ অথবা অপদস্থ বা ক্ষতিৰ সন্মুখীন হোৱাৰ ভয়ত
অন্যায়ৰ বিৰুদ্ধে নীৰৱতা অৱলম্বন কৰাটো আমাৰ দেশৰ জনসাধাণৰ একপ্ৰকাৰ পৰম্পৰা হৈ পৰিছে। ফলত নাৰীৰ
বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বিৰুদ্ধে সামাজিক আন্দোলন গঢ়ি উঠিব পৰা নাই। অৱশ্যে
দুই এটা ক্ষেত্ৰত ব্যতিক্রম আছে। এই ক্ষেত্ৰত
গুৱাহাটীৰ জি, এছ ৰোডৰ ঘটনা আৰু দিল্লীত সম্প্ৰতি সংঘটিত হোৱা ধৰ্ষণৰ
ঘটনাৰ কথাকে উল্লেখ কৰিব পাৰি।
(১১) আমাৰ সমাজত অপৰাধীতকৈ নিৰ্যাতিতাকহে বেছিভাগ ক্ষেত্ৰত
ধিক্কাৰ দিয়াৰ লগতে অৱহেলা কৰা হয়। যাৰ ফলত নির্যাতিতা নাৰীয়ে প্রকৃত ঘটনা প্ৰকাশৰ পৰা বিৰত থাকি অপৰাধীক
পৰোক্ষভাবে অপৰাধ কৰাৰ বাবে উৎসাহিত কৰি আছে।
(১২) আমাৰ দেশৰ প্ৰশাসন যন্ত্র দুর্নীতিত পোত খাই আছে। ফলত বহু
সময়ত দোষী আইনৰ সুৰুঙাৰে সাৰি যায়।
(১৩) ৰাজনৈতিক হস্তক্ষেপৰ ফলতো বহু সময়ত আৰক্ষীয়ে নিস্পৃহ
ভূমিকা ল’বলৈ বাধ্য হয়।
(১৪) নাৰীৰ নগ্ন ফটো আৰু ব্লু-ফিল্মৰ
অবাধ প্ৰচাৰে এচাম মানসিক বিকাৰগ্ৰস্ত পুৰুষৰ মাজত বিকৃত যৌনতা বৃদ্ধি পাইছে।
(১৫) মানৱ অধিকাৰ কৰ্মীৰ হস্তক্ষেপৰ ফলতো কেতিয়াবা অপৰাধী
আইনৰ হাঁতোৰাৰ পৰা সাৰি যাবলৈ সক্ষম হয়।
উপৰোল্লিত কাৰকসমূহৰ উপৰিও স্থান-কাল-পাত্রভেদে উদ্ভৱ হ’ব পৰা কাৰকসমুহ চিহ্নিত কৰি নাৰী নিৰ্যাৰ্তন বিশেষকৈ ধৰ্ষণ
ৰোধৰ বাবে আমি কিছুমান পদক্ষেপ গ্রহণ কৰিব পাৰোহঁক। যেনে-(১) আজি বেলেগৰ পৰিয়ালত সংঘটিত ঘটনা কাইলৈ আমাৰ পৰিয়ালতো
ঘটিব পাৰে বুলি স্বীকাৰ কৰিবলৈ প্ৰতিজন মানুহ মানসিকভাবে দৃঢ় হ’ব লাগিব। (২) প্রয়োজন হ’লে নাৰী নির্যাতনকাৰীৰ
লগতে নির্যাতনকাৰীৰ পৰিয়ালবৰ্গক সামাজিকভাবে ধিক্কাৰ দিয়াৰ লগতে সামাজিক অনুষ্ঠানত
অংশগ্ৰহণৰ পৰা বিৰত ৰাখি অপৰাধীৰ মনোবল ভাঙি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। (৩) মানৱ অধিকাৰৰ নীতিসমূহ নাৰী নিৰ্যাতনকাৰী
বিশেষকৈ ধৰ্ষণকাৰীৰ স্বপক্ষে প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব লাগিব। কাৰণ
ধৰ্ষণকাৰী মানুহ নহয়, দানৱহে। দানৱৰ ক্ষেত্ৰত কেতিয়াও মনাৱ অধিকাৰৰ নীতি প্রয়োগ হ’ব নোৱাৰে এই মানসিকতাৰে
মানৱ অধিকাৰ কৰ্মীয়ে ধর্ষণকাৰীৰ বিৰুদ্ধে থিয় দিব লাগিব। (৪) আমাৰ আইনী ব্যৱস্থা অধিক কঠোৰ
কৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্রদানৰ ব্যৱস্থা কৰাৰ লগতে সর্বসাধাৰণ ৰাইজ নাৰী
নিৰ্যাতনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি সামাজিক আন্দোলন গঢ়ি তুলিব লাগিব। তেহে
কিছু পৰিমাণে হ'লেও নাৰী নির্যাতন ৰোধ কৰা সম্ভৱ হ'ব বুলি আশা কৰিব পাৰি।
(নিয়মীয়া বাৰ্তা-২৬-০৭-২০১২)
কংগ্ৰেছৰ
বিপৰ্যয় আৰু অন্যান্য
জার্মান লেখক কেচাৰ ফ্ৰেডাৰিক গোটচ্লকে লিখা ‘দুৰ্ভগীয়া
কৃপণ’ নামৰ এটা গল্প আছে। গল্পটোৰ
কাহিনীভাগ এনেকুৱা- দেশত সংঘটিত ত্রিশ বছৰীয়া যুদ্ধৰ ফলত পাহাৰৰ দাঁতি-কাষৰীয়া গাঁৱৰ মানুহে সিহঁতৰ সঞ্চিত ধন-সম্পত্তি শত্ৰুৰ
কৱলৰপৰা ৰক্ষা কৰাৰ কাৰণে কোটিনবাৰ্গ দূৰ্গলৈ স্থানান্তৰ কৰিছিল। কথিত
আছে যে, সেই ধন মদ তৈয়াৰ কৰা ডেগৰ ভিতৰত এতিয়াও মাটিৰ তলত পুতি
থোৱা অৱস্থাত আছে আৰু এটা ভূতে সেই ধন- সম্পত্তি পহৰা দি আছে।
এদিনাখন এজন সাহসী গাঁৱলীয়াই পুতি থোৱা ধনৰ সন্ধানত ধ্বংসস্তুপত পৰিণত হোৱা
পুৰণি দুৰ্গত আহি উপস্থিত হ'ল। ধ্বংসস্তুপৰ
মাজত সোমাই সি মাটিৰ তলত এটা অন্ধকাৰ কোঠালিত দুৱাৰ দেখা পালে। কৌতুহলী
হৈ সি কোঠালিটোৰ ভিতৰত প্ৰৱেশ কৰিলে। কোঠালিটোৰ
ওপৰফালে সি এঠাইত এটি ঘূৰণীয়া ছিদ্ৰ প্ৰত্যক্ষ কৰিলে আৰু সেই ছিদ্রপথেৰে এটি পোহৰৰ
ৰেখা আহি এঠাইত পোহৰ কৰি ৰখা দেখিলে। এফলীয়া
হৈ থিয় হোৱাৰ লগে লগে সি সৰ্বশৰীৰ কাপোৰেৰে আবৃত এটা ভূত দেখা পালে। ভূতটো
থিয় দি থকা ঠাইডোখৰ লাহে লাহে প্ৰকাশময় হৈ উঠিল আৰু ভয়- শংকাত সন্ত্রস্ত গাঁৱলীয়াজনে নিজৰ সন্মুখত সোণৰ টুকুৰাৰে পৰিপূৰ্ণ এটা ডেগ
দেখা পালে। এই ডেগৰ
কথাই সি তাৰ আইতাকৰ মুখৰপৰা শুনিছিল।
সি ভাবিবলৈ ধৰিলে, সি কি কৰে এতিয়া! সি খালী হাতে ঘৰলৈ উভতি যাব, নে সোণৰ টুকুৰা কিছুমান
লৈ যাব! এইবোৰ কথা গুণা-গঁথা কৰি থাকোঁতেই
ভূতটোৱে ক’লে- তুমি আজি এটা টুকুৰা লৈ যাব পাৰিবা আৰু প্ৰতিদিন
আহি এটাকৈ টুকুৰা নিব পাৰিবা। কিন্তু
মনত ৰখিবা, এদিনত এটাতকৈ অধিক টুকুৰা নিব নোৱাৰিবা। এইদৰে
কৈ ভূতটো অদৃশ্য হৈ গ'ল আৰু গাঁৱলীয়াজনে এটা সোণৰ টুকুৰা হাতত লৈ আধা প্ৰসন্ন
আৰু আধা ভয়-ভীত হৈ ঢলং-ঢপংকৈ কোঠালিৰ পৰা
ওলাই ঘৰলৈ উভতি আহিল।
পাছদিনা গাঁৱলীয়াজন পুনৰ সেই অন্ধকাৰ কোঠালিলৈ গ'ল। সিদিনা
তাত ভূতটো উপস্থিত নাছিল, কিন্তু ডেগটো আগৰ দৰেই সোণেৰে পৰিপূৰ্ণ হৈ আছিল ৷ সি এটা
টুকুৰা হাতত তুলি ল'লে আৰু প্ৰসন্ন মনেৰে ঘৰলৈ উভতি আহিল৷ এইদৰে
সি তৃতীয়, চতুর্থ অর্থাৎ প্রতিদিন এটাকৈ সোণৰ টুকুৰা আনিবলৈ
ধৰিলে। এইদৰে
এটা বছৰ পাৰ হ'ল।
এজন দুখীয়া গাঁৱলীয়াৰ দৰিদ্ৰজৰ্জৰ পঁজাঘৰ অট্টালিকালৈ ৰূপান্তৰ হ’ল। সি বহু
মাটি-সম্পত্তিৰ গৰাকী হ’ল। কিন্তু
সম্পত্তি বঢ়াৰ লগে লগে মানুহজন অহংকাৰী হৈ উঠিল আৰু এদিন সি উত্তেজিত হৈ ক’বলৈ ধৰিলে- মই কাৰ কাৰণে পৰিশ্ৰম কৰোঁ? মই দেখোন এতিয়া আৰামত বহি
খাব পাৰোঁ।
এইদৰে ভবাৰ পাছত সি খেতিৰ কামৰ বাবে চাকৰ আৰু ঘৰুৱা কাম-বনৰ বাবে বনকৰা তিৰোতা ৰাখিলে। সি নিজে
বিলাসী চকীত বহি আৰামত বিলাসী জীৱন যাপন কৰিবলৈ ধৰিলে। আগতে
সি নিজে মূৰৰ ঘাম মাটিত পেলাই খেতি-বাতিৰ কাম কৰিছিল আৰু এতিয়া
সি ঘোঁৰাত উঠি খেতি-বাতি চাবলৈ যোৱা হ’ল। আৰু প্ৰত্যেকদিন
সি এপাক সোণেৰে পূৰ্ণ ডেগৰ ওচৰলৈ যোৱাটো তাৰ মুখ্য কাম হৈ পৰিল। ইফালে
লক্ষ্মীয়ে প্ৰতি মুহূৰ্ততে তাৰ আত্মাক বেয়া ধৰণে প্ৰভাৱিত কৰিবলৈ ধৰিলে আৰু অহংকাৰ, লোভৰ সমান্তৰালভাবে তাৰ আলস্যও বৃদ্ধি পাবলৈ ধৰিলে। শেষত
তাৰ মনত এনেকুৱা ধাৰণাও উদয় হ’ল যে, মাথোন এটুকুৰা সোণৰ কাৰণে
সি প্রত্যেকদিন পাহাৰ বগোৱাটো সঁচাকৈয়ে বিৰক্তিকৰ হৈছে। সি সিদ্ধান্ত
ল'লে যে, পাছদিনাৰ পৰা সি দুটুকুৰাকৈ
সোণ আনিব।
ভবামতেই সি পাছদিনাৰ পৰা দুটুকুৰা সোণ আনিবলৈ ধৰিলে আৰু এইদৰে এমাহ পাৰ হ’ল। তথাপি
সি সন্তুষ্ট হ’ব নোৱাৰিলে। সি মনে
মনে ক’বলৈ ধৰিলে- হে ঈশ্বৰ, সামান্য দুটুকুৰা সোণৰ
কাৰণে প্রতিদিন পাহাৰ বগোৱাটো কিমান কষ্টকৰ কাম! এয়াতো স্পষ্ট
যে, ডেগৰ সমগ্ৰ সোণ মোৰ কাৰণেই। গতিকে
মই দিনে দুটুকুৰাকৈ অনা আৰু সমগ্ৰ সোণ একেদিনাই লৈ অহাটো দেখোন একেই কথা! এইবাৰ গৈ মই সমগ্ৰ সোণ এবাৰতে লৈ আহিম। এনেকুৱা
কৰিলে দিনৌ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নহ'ব।
এইদৰে ভাবি পাছদিনাই সি ডাঙৰ মোনাকেইখনমান লৈ পাহাৰৰ ওপৰলৈ উঠি আহিল। আৰামেৰে
থকা-মেলা আৰু খোৱা-বোৱা কৰাৰ ফলত তাৰ
শৰীৰত ইতিমধ্যেই চর্বি জমা হৈ সি শকত হৈ পৰিছিল। গতিকে
সি গন্তব্য স্থানলৈ আহি পাওঁতে ক্লান্ত হৈ পৰিল। সেয়ে
ভাগৰ পলুৱাবলৈ বুলি সি এঠাইত বহি পৰিল। সিদিনাৰ
পৰা তাৰ এই কষ্টকৰ যাত্ৰাৰ অন্ত পৰিব বুলি সি মনে মনে প্রসন্নও হ’ল। সি ভাবিবলৈ
ধৰিলে, সমগ্ৰ ধনৰাশি একেলগে পালে সি জমিদাৰ হৈ যাব আৰু ভাগ্যত
থাকিলে, নাইট উপাধিও পাই যাব পাৰে! সি চাৰিটা
ঘোঁৰাই টনা বাগী বনাব আৰু অভিজাত চকী-মেজ বনাব। তাৰ পাছত
প্রত্যেক দিন নতুন নতুন অভ্যাগতসকলক নিমন্ত্ৰণ কৰি আনি সিহঁতৰ লগত একেলগে বহি মদ খাব। এদিন
নিশ্চয় সি কিচোফেন দুৰ্গৰ নাইটকো মদ খাবলৈ নিমন্ত্রণ জনাবলৈ সক্ষম হ’ব।
এইদৰে ভাবি সি বহাৰ পৰা উঠি ধিয় হ’ল আৰু মোনা লৈ সোণ ভৰ্তি ডেগৰ ওচৰলৈ আহিল। প্রত্যেকদিন
দুটুকুৰাকৈ সোণ নিয়াৰ পাছতো ডেগটো সোণেৰে পৰিপূৰ্ণ হৈয়ে আছিল। সি এখন
মোনা হাতত লৈ দুহাত একেলগে ডেগৰ ভিতৰলৈ সুমুৱাই দিলে; কিন্তু সোণ আনি মোনাত ভৰোৱাৰ আগতেই ভয়ানক শব্দ কৰি গোটেইবোৰ ডেগ একেলগে তললৈ
সৰি পৰিল আৰু চকুৰ পচাৰতে মাটি ফাট মেলি ডেগবোৰ মাটিৰ অভ্যন্তৰলৈ সোমাই গৈ অদৃশ্য হৈ
পৰিল। ডেগবোৰৰ
ঠাইত তাত কাঠখৰি আৰু গন্ধক জ্বলিবলৈ ধৰিলে। অত্যধিক হতাশাৰ ফলত সি মূৰ্চ্ছিত হৈ পৰিল আৰু লগে লগে তাৰ সকলো ৰঙীন সপোন
অদৃশ্য হৈ পৰিল।
বিগত সময়ছোৱাত গল্পৰ নায়কৰ প্ৰতিটো চৰিত্ৰই ফুটি ওলাইছিল কংগ্ৰেছৰ নেতা আৰু
পালিনেতাৰ চৰিত্ৰত। ফলত যোৱাটো
লোকসভা নিৰ্বাচনত গল্পৰ নায়কৰ দৰেই কংগ্ৰেছৰ নেতা-পালিনেতাৰ
ৰঙীন সপোন পৰিৱৰ্তনৰ ঢৌৱে উটুৱাই লৈ গ'ল। বিগত
নিৰ্বাচনত ভোটাৰে যেন কংগ্ৰেছৰ বিৰুদ্ধে ভোট প্ৰদান কৰা নাই, ক্ষোভহে উজাৰিছে। সমগ্ৰ
ভাৰতত কংগ্ৰেছে মাথোন ৪৪ খন আসন পাবলৈহে সক্ষম হ’ল আৰু অসমত পালে মাথোন ৩ খন আসন। এয়া
সঁচাকৈয়ে অপ্রত্যাশিত ফলাফল। এই ফলাফলৰ
পৰা ৰাজনৈতিক দলবোৰে শিক্ষা লোৱা উচিত যে, ৰাইজৰ উৰ্দ্ধত কোনো নহয়,
আৰু ৰাইজে নখ জোকাৰিলে নৈ বোৱাব পাৰে। ৰাইজে
ইচ্ছা কৰিলে মূৰতো ল’ব পাৰে, আৰু মাটিতো থ’ব পাৰে। ৰাইজৰ
আশা-আকাংক্ষা প্রতিফলন কৰিব নোৱাৰিলে ৰাইজে সময়ত সমুচিত শিক্ষাও
দিব পাৰে। গণতন্ত্রীয়
শাসন ব্যৱস্থাত ৰাইজেই যে ৰজা এই কথাষাৰৰো প্ৰতিফলন হ’ল বিগত নির্বাচনত।
কংগ্ৰেছৰ এই শোচনীয় বিপৰ্যয় হয়তো বিৰোধী দলৰ নেতাসকলেও সহজভাবে মানি ল'ব পৰা নাই। কাৰণ
গণতন্ত্রীয় শাসন ব্যৱস্থাত বিৰোধীৰ ভূমিকা অপৰিসীম। গতিকে
শক্তিশালী বিৰোধী দল থকাটো অতি জৰুৰী। তদুপৰি
এয়া কোনেও অস্বীকাৰ নকৰে যে কংগ্ৰেছৰ যাঠি বছৰীয়া শাসন কালত ভাৰত উন্নতিৰ দিশত অগ্ৰসৰ হোৱা নাই। এনেকি
এই কথা ভাৰতৰ নৱ-নিৰ্বাচিত প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অস্বীকাৰ কৰা
নাই। সৰ্বভাৰতীয়
প্রেক্ষাপট বাদ দি আমাৰ অসমৰ ক্ষেত্ৰত এইটো ক’ব পাৰো যে, কংগ্ৰেছৰ শাসন কালতে অসম গুহাৰ যুগৰ পৰা কম্পিউটাৰ যুগলৈ আগবাঢ়ি আহিছে। এটা সময়ত
গ্রামাঞ্চলত য’ত খ্ৰেীঘৰেই একমাত্র মূৰ গোঁজাৰ সাধন আছিল, তাত টিনপাতৰ ঘৰ, পকী ঘৰ হৈছে। নাঙল
আৰু গৰুৰ ঠাই ট্রেক্টৰে দখল কৰিছে। হাবি-জংঘলৰ মাজেদি যোৱা লুংলুঙীয়া পথ পকী ৰাস্তালৈ উন্নীত হৈছে। ত্রিশ-চল্লিশ বছৰ আগত যিবোৰ ৰাস্তাত এখন চাইকেল চলা নাছিল,
তাত বাইক-উইংগাৰ চলিবলৈ লৈছে। এটা ৰেডিওৰ
কথা চিন্তা কৰিব নোৱাৰা পৰিয়ালত টি,ভি চলিবলৈ লৈছে। আগতে
মাথোন নগৰ-চহৰৰ মানুহেহে বিদ্যুতৰ সুবিধা ভোগ কৰিছিল; কিন্তু এতিয়া গাঁও-ভূঁইলৈ বিদ্যুত লাইন (যদিও পৰ্যাপ্ত নহয়) সম্প্ৰসাৰণ হৈছে। যিবোৰ
সমাজত চিঠি এখন পঢ়াৰ কাৰণে মানুহ বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থা আছিল, তাত প্ৰায় ঘৰে ঘৰে চিঠি পঢ়িব পৰা লোক সৃষ্টি হৈছে।
অৱশ্যে এইটো ঠিক যে, সন্ত্রাসবাদ নিয়ন্ত্রণ,
গোষ্ঠী সংঘর্ষ, বড়োলেণ্ড সমস্যা, বিদেশী সমস্যা, ডি-ভোটাৰ সমস্যা,
বানপানী সমস্যা, জনগণৰ কল্যাণৰ কাৰণে প্ৰণয়ন কৰা
আইনৰ সঠিক প্রয়োগ, নিৱনুৱা সমস্যা, মূল্যবৃদ্ধি,
ছিণ্ডিকেটৰাজ, কমিনছনৰাজকে (কংগ্ৰেছৰ দিনত কমিছনৰাজ এনেকৈ চলিছে যে উন্নয়নৰ কাৰণে আৱণ্টিত মূলধনৰ প্ৰায়
৭৫ শতাংশ ধন কমিছনৰ নামত বিভিন্নজনৰ পকেটলৈ গুচি গৈছে আৰু কাম হৈছে মাথোন ২৫ শতাংশ
টকাৰ। এনেকুৱা
অভিযোগো শুনিবলৈ পোৱা গৈছে যে কোনো কোনো ক্ষেত্ৰত কাম নকৰাকৈও টকা মোকলাই নিয়া হৈছে।) আদি কৰি বিভিন্ন সমস্যা সমাধান তথা নিয়ন্ত্ৰণ কৰিব পাৰিলে
আৰু অধিক উন্নতিৰ থল আছিল। দলৰ মাজত
হোৱা ক্ষমতাকেন্দ্রিক বিসম্বাদ, নেতা-পালিনেতাসকলৰ লোভ, অহংকাৰ, আত্মশ্লাঘা,
ভোগবাদী মনোভাব, কর্মমুিখতা, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ স্বেচ্ছাচাৰিতাৰ লগতে সাম্প্ৰতিক সামাজিক প্রেক্ষাপট
আৰু মানুহৰ মন-মানসিকতাৰ লগত তাল মিলাব নোৱাৰা আদিকে কংগ্ৰেছৰ
বিপৰ্যয়ৰ মুখ্য কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি। মই এইবোৰ
কথা কংগ্ৰেছৰ স্তুতি অথবা দুৰ্ণাম কৰাৰ কাৰণে লিখা নাই, চকুৰ আগত দেখি থকা কথাবোৰহে লিখিছোঁ।
উল্লিখিত সমস্যা সমাধান তথা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ লগতে মানুহৰ মাজত মানৱীয়
প্ৰমূল্যবোধ জাগ্রত কৰি সকলো জাতি-গোষ্ঠী, ধৰ্ম-সম্প্ৰদায়ৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ কংগ্ৰেছ
চূড়ান্তভাবে ব্যৰ্থ হৈছে। ফলত জাতি-গোষ্ঠী, সম্প্ৰদায়ৰ নামত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈছে। এটা জাতিৰ
মানুহে আনটো জাতিৰ মানুহক, এটা ধৰ্মৰ মানুহে আনটো ধৰ্মৰ মানুহক সহ্য কৰিব নোৱাৰা
হৈছে। ভাষাই
ভাষাৰ পৰা, প্রান্তিকতাই প্রান্তিকতাৰ পৰা, ধৰ্মই ধৰ্মৰ পৰা স্বতন্ত্ৰ হোৱাৰ বাবে উঠি-পৰি লাগিছে। প্ৰতিটো
জাতি-গোষ্ঠী, ধর্মীয় সম্প্রদায়ে ঈস্পিত
লক্ষ্যত উপনীত হোৱাৰ বাবে ভাষাৰ গইনালৈ, গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ
গইনালৈ, ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মীয় সম্প্ৰদায়ৰ সুৰক্ষাৰ গইনালৈ
বিভিন্ন দল-সংগঠন সৃষ্টি হোৱাৰ লগতে এখন দেশৰ কাৰণে আফিং স্বৰূপ
সন্ত্রাসবাদী সংগঠনৰ সৃষ্টি হৈছে। এইবোৰ বিঘটনকাৰী মনোভাব সলনি কৰাৰ বাবে উদ্যোগ লৈ চৰকাৰে সকলো জাতি-গোষ্ঠীৰ মাজত সু-সমন্বয় ৰক্ষাৰ বাবে গুৰুত্ব আৰোপ কৰিব
লাগিছিল; কিন্তু তাকে নকৰি গণতন্ত্ৰৰ নামত বহু সময়ত প্ৰকাৰন্তৰে
বিঘটনকাৰী মনোভাবক উদ্গনিহে দিয়া দেখা গৈছে। ফলত দেশত
কৰ্মসংস্কৃতিৰ পৰিৱৰ্তে বন্ধ-সংস্কৃতিৰ সৃষ্টি হৈছে। আইনৰ
প্ৰতি মানুহৰ আস্থা নোহোৱা হৈছে। বহু ঠাইত
মানুহে আইন হাতত তুলি লোৱা দেখা গৈছে। ইয়াৰ
ফলত দেশত এক প্ৰকাৰ নৈৰাজ্যৰ সৃষ্টি হৈছে।
জাতিয়তাবাদী সংগঠনৰ কিছু কার্যকলাপত অতীষ্ট হৈ জনজাতীয় লোকসকলে গোষ্ঠী,
ভাষা-সংস্কৃতি ৰক্ষাৰ নামত পৃথক ৰাজ্য গঠনৰ বাবে
দাবী উত্থাপন কৰি আছে। আমাৰ
ৰাজ্য চৰকাৰে তেওঁলোকক পতিয়ন নিয়াব পৰা নাই যে, গোষ্ঠী ৰক্ষাৰ নামত, ভাষা-সংস্কৃতি
ৰক্ষাৰ নামত দেশ সৰু সৰু ৰাজ্যলৈ ৰূপান্তৰ হ’লৈ সেই সৰু সৰু ৰাজ্যবোৰ আৰ্থিক দিশত পিছপৰি
যাব। কিয়নো, সৰু সৰু ৰাজ্যবোৰ আৰ্থিক দিশত সবল হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। কাৰণ
এইবোৰ ৰাজ্যত দক্ষ মানুহৰ অভাৱ হ'ব। ফলত সমবিকাশ, ভাষা-সংস্কৃতি ৰক্ষাৰ নামত সৃষ্টি হোৱা এই সৰু সৰু ৰাজ্যবোৰত
আর্থিকভাবে সবল মানুহবিলাক অধিক সবল হৈ উঠিব আৰু আৰ্থিকভাবে দুর্বল মানুহবিলাক অধিক
দুর্বল হৈ পৰিব। অভাৱ-অনাটনৰ ফলত মানুহবিলাক অধিক নীতিভ্ৰষ্ট হ’ব। চাৰিওফালে
দুনীর্তি-ভ্ৰষ্টাচাৰ অধিক হাৰে গা কৰি উঠিব আৰু জনজীৱন বিপন্ন হৈ
পৰিব। মানুহৰ
সুৰক্ষা নোহোৱা হ’ব। ফলত দেশৰ
উন্নতি ব্যাহত হৈ পৰিব। দেশ স্থৱিৰ
হৈ পৰিব।
কিছুদিন আগলৈকো সমন্বয়
আৰু মানৱিক প্ৰমূল্যবোধে ভাৰতীয় তথা আমাৰ অসমীয়া সমাজৰ মূলধন আছিল। কিন্তু
সেই সমন্বয় মানৱিক প্রমূল্যবোধ লাহে লাহে যেন ক'ৰবালৈ
হেৰাই যাব ধৰিছে। হিন্দী
কবি মৈথিলীচৰণ গুপ্তাই কৈছে- ‘আহ! ওহী উদাৰ হোয় যো পৰোপকাৰ কৰে, ওহী মনুষ্য হোয় যো মনুষ্য
কে লিয়ে মৰে।' কিন্তু সম্প্রতি মানুহৰ মনত পৰোপকাৰৰ ভাৱনা নোহোৱা হৈছে। আমাৰ
ধৰ্মীয় আদৰ্শ হৈছে, ‘সর্বভৱন্তু সুখিন’। কিন্তু
এই ধর্মীয় আদর্শ লাহে লাহে নোহোৱা হৈ গৈ আছে। যাৰ ফলত
ধৰ্মনিৰপেক্ষ দেশত ধৰ্মৰ নামত ৰাজনৈতিক দল সৃষ্টি হৈছে। নিজে
জীয়াই থাকা, আনকো জীয়াই থাকিবলৈ দিয়া—— এয়াই আছিল আমাৰ সংস্কৃতি,
আমাৰ সমন্বয়ৰ মূলমন্ত্র। সম্প্ৰতি
ভাষা, ধৰ্ম, জাতি আদি সংকীর্ণ মনোভাবৰ
চিকাৰ হৈ আমি নিজকে অসমীয়া তথা ভাৰতীয় বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰিবলৈ লৈছো। ফলত দেশ
জ্বলিছে। আমি নৈতিকতা, মানৱতা, সমন্বয়ৰ ভাষা পাহৰি গৈছোঁ। দেশৰ
উন্নতি নহ'লে আমি বিশেষভাবে শাসনাধিষ্ঠিত চৰকাৰখনকে পোনপটীয়াভাবে
জগৰীয়া কৰোঁ। কিন্তু
এই ক্ষেত্ৰত যে সাধাৰণ নাগৰিকৰো দায়ৱদ্ধতা আছে এই কথা আমি পাহৰি গ'লে নহ’ব। অৱশ্যে
নিৰাশ হোৱাৰ কোনো কাৰণ নাই। কাৰণ
এতিয়াও সময় শেষ হৈ যোৱা নাই। আমি দেশৰ
স্বাধীনতাৰ হকে যুঁজ কৰিছোঁ, এতিয়া আমি দেশৰ একতা,
অখণ্ডতা, উন্নতিৰ হকে যুঁজ কৰিব লাগিব। আমি হিন্দু, মুছলমান, খ্রীষ্টান, আর্য, দ্রাৱিড়, ৰাভা-হাছং-গাৰো-বড়ো বুলি পৰিচয় দিয়াৰ আগতে ভাৰতীয় বুলি পৰিচয়
দি গৌৰৱ অনুভব কৰিবলৈ শিকিব লাগিব। কাৰণ ইয়াৰ মাজতে আমাৰ কল্যাণ, আমাৰ গৰিমা নিহিত হৈ আছে।
(গণ অধিকাৰ-০৪-০৬-২০১৪)
এয়া কেনে
সভ্যতা
এখন আহল-বহল মনোৰম উদ্যান। সেউজীয়া
ঘাঁহনিৰে ভৰা। ঘাঁহনিৰ
মাজে মাজে ধুনীয়া ধুনীয়া ফুল তৰাৰ দৰে ফুলি আছিল। তাত নৰা-বগৰী গছো আছিল। বসন্ত
কালত সৰু সুৰু মুকুতাৰ দৰে গুলপীয়া ৰঙৰ বগৰী ঠাহ খাই পৰে গছডালত। শৰৎ কালত
তাৰ শাখাবোৰ ফলৰ ভৰত দোঁ খাই পৰে। চৰাই-চিৰিকটিবোৰে ডালত বহি শুৱলা গীত জুৰে। ল’ৰা-ছোৱালীবোৰে সেই গীত শুনি খেলিবলৈ পাহৰি যায়— তন্ময় হৈ গীত শুনে। ইজনে-সিজনক কয়- আমি ইয়াত কিমান সুখী!
উদ্যানখনৰ গৰাকী আছিল এটা দানৱ। সি বেলেগ
এখন ঠাইত থকা তাৰ ৰাক্ষস বন্ধুৰ লগত দেখা কৰিবলৈ গৈছিল আৰু তাত সি সাত বছৰ ৰৈ আছিল। সাত বছৰ
পাছত উভতি আহি সি ল’ৰা-ছোৱালীবোৰক উদ্যানখনত খেলি থকা দেখিলে। সি ল’ৰা-ছোৱালীবোৰক কৰ্কশ কণ্ঠত সুধিলে- ইয়াত তোমালোকে কি কৰি
আছা? এইখন উদ্যান মোৰ, মাথোঁ মোৰ। আটায়ে
সাৱধান হৈ যোৱা, মই ইয়াত মোৰ বাহিৰে কাকো খেলিবলৈ নিদিওঁ।
ল’ৰা-ছোৱালীবোৰ ভয়ত তাৰ পৰা দৌৰি পলাল।
ইয়াৰ পাছত দানৱটোৱে উদ্যানখনৰ চাৰিওফালে দেৱাল নিৰ্মাণ কৰিলে আৰু উদ্যানখনৰ
প্ৰৱেশ পথৰ সন্মুখত এখন ছাইনবোর্ড আঁৰি দিলে-‘বিনা অনুমতিত প্ৰৱেশ
নিষেধ, অন্যথা কৰোঁতাজনৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।' ফলত সি খুবেই স্বাৰ্থপৰ দানৱ হিচাপে পৰিচিত হ'ল আৰু ল'ৰা- ছোৱালীবোৰৰ খেলিবলৈ
ঠাই নোহোৱা হ'ল। সিহঁতে
ৰাস্তাৰ মাজত খেলিবলৈ ধৰিলে। ৰাস্তাত
ধূলি-বালি আৰু শিলগুটি আছিল। শিলগুটিবোৰ
ভৰিত বিন্ধাৰ ফলত সিহঁতে দানৱৰ দেৱালৰ চাৰিওফালে ঘূৰি ঘূৰি খেলিবলৈ ধৰিলে। বসন্ত
কাল আহিল। সময়ত
সৰু সৰু ফুল ফুলিবলৈ ধৰিলে। চৰাই- চিৰিকটিবোৰে গীত জুৰিলে। কিন্তু স্বাৰ্থপৰ দানৱৰ উদ্যানত শীতকাল হৈয়ে থাকিল। ফলত উদ্যানখনত
চাৰই-চিৰিকটিবোৰে গীত গাবলৈ এৰিলে। কাৰণ
তালৈ ল’ৰা-ছোৱালী নাযায়। গছ-গছনিবোৰৰ সাজোন-কাচোন আধৰুৱা হৈ ৰ'ল ৷ কোনোবা কোনোবা গছ ভুলতে পাতৰ ওৰণি গুচাই ফুলি উঠিল যদিও ছাইবোৰ্ডখনলৈ চাই
লাজত ওৰণি টানি ল’লে। অৱশেষত
ল’ৰা-ছোৱালীবোৰৰ অৱস্থা দেখি দুখ প্ৰকাশ কৰি এটা সময়ত গছ-গছনিবোৰে গভীৰ টোপনিত লালকাল দিলে।
সেই উদ্যানখনত মাথোঁ দুটা বস্তুই সুখী আছিল- এটা বৰফ
আৰু আনটো কুঁৱলী। সিহঁতে
আনন্দ মনেৰে ইজনে সিজনৰ লগত কোৱা-মেলা কৰিবলৈ ধৰিলে—— এই
উদ্যানখনত বসন্ত আহিবলৈ পাহৰি গৈছে। গতিকে আমি আনন্দ মনেৰে ওৰেটো বছৰ আনন্দ উৎসৱ উদ্যাপন কৰিব পাৰিম। বৰফে
ঘাঁহৰ ওপৰত বগা চাদৰ পাৰি দিলে। কুঁৱলীয়ে
গছৰ ডালে-পাতে বগা চিত্ৰ আঁকিলে। ইয়াৰ
পাছত বৰফে উত্তৰ দিশৰ বতাহক সিহঁতৰ লগত আনন্দ উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনালে। বতাহে
সেই আমন্ত্ৰণ সাদৰে গ্ৰহণ কৰিলে। বতাহে
উদ্যানখনৰ চাৰিওফালে গৰ্জন কৰিবলৈ ধৰিলে। বতাহে আনন্দত উত্তেজিত হৈ ক’লে-বাঃ!ই কেনে ৰমনীয় ঠাই! আমি মেঘক আমন্ত্ৰণ কৰি নানো কিয়
? মেঘ আহি উপস্থি হ’ল। প্রতিদিন তিনি ঘণ্টাকৈ ধাৰসাৰে বৰষুণ দিবলৈ ধৰিলে। আনকি
বৰষুণে টালিৰ চালবোৰ ফুটা কৰি পেলালে। স্বাৰ্থপৰ
দানৱটোৱে খিৰিকীৰ কাষত বহি বগা বৰফ আৰু মেঘে ঢাকি ৰখা উদ্যানখনলৈ চাই ক’বলৈ ধৰিলে—
বুজিব পৰা নাই, বসন্ত আহিবলৈ ইমান পলম হৈ আছে কিয়? কিছুদিনৰ ভিতৰত অৱশ্যেই ঋতু পৰিৱৰ্তন হ'বহি।
কিন্তু দানৱৰ উদ্যানলৈ বসন্ত নাহিল। গ্রীষ্মও
নাহিল। শৰৎ উদ্যানখনৰ
কাষেদি পাৰ হৈ যাওঁতে কৈ গ'ল— এই দানৱটোতো খুবেই স্বাৰ্থপৰ ! ফলত দানৱৰ উদ্যানখনত শীতৰ প্ৰকোপ। এদিন
এক মধুৰ সংগীত-ধ্বনি দানৱৰ কাণত পৰিল। সংগীতৰ
ধ্বনি ইমানেই মধুৰ আছিল যে দানৱটোৱে ভাবিলে, অৱশ্যেই ৰজাৰ কোনো বিশেষ
গায়কে বাদ্য বজাই ৰাস্তাৰে গৈ আছে। কিন্তু সংগীতৰ ধ্বনি উদ্যানত গাই থকা এটি চৰাইৰহে আছিল। কাৰণ
দানৱে বহুদিন চৰাইৰ গীত শুনা নাছিল, সেয়ে চৰাইৰ গীতেই মধুৰ
সংগীতৰ দৰে অনুমান হৈছিল। চৰায়ে
গীত গোৱাৰ পাছত মেঘে বৰষুণ দিবলৈ বন্ধ কৰিলে।
বৰষুণৰ গৰ্জনো লাহে লাহে বন্ধ হৈ গ'ল। খোলা
খিৰিকীৰ কাষত বহি দানৱটোৱে সুগোন্ধ অনুভৱ কৰিবলৈ ধৰিলে। সি আনন্দত
চিঞৰি উঠিল-- সম্ভৱতঃ বসন্ত আহি পাইছে! সি বিছনাৰ
পৰা নামি খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে। এটি অদ্ভুত
দৃশ্য তাৰ চকুত পৰিল। বৰষুণ-ধুমুহাৰ তাণ্ডৱত খহি পৰা দেৱালৰ ফাঁকেৰে ল'ৰা-ছোৱালীবোৰ উদ্যানখনৰ ভিতৰলৈ সোমাই আহি গছৰ ডালত লুকাই-চুৰকৈ বহি আছিল। প্ৰতিটো
ডালত গোলাপৰ দৰে ধুনীয়া মুখমণ্ডলে হাঁহি আছিল। গছ-গছনিবোৰ ল’ৰা-ছোৱালীৰ আগমনত ফল-ফুলেৰে সু-সজ্জিত হৈ উঠিছিল৷ চৰাইবোৰে ডালে ডালে উৰি
গীত গাই আছিল। কিন্তু
এটা কোণত তেতিয়াও শীতৰ প্ৰকোপ চলি আছিল৷ তাত এজন সৰু ল’ৰাই হাত ওপৰলৈ দাঙি এজোপা গছৰ
চাৰিওফালে ঘূৰি আছিল। দুৰ্ভগীয়া
গছজোপা তেতিয়াও শীত আৰু বৰফেৰে ঢাক খাই আছিল আৰু গছজোপাৰ কাষত মেঘে গৰ্জন কৰি আছিল। গছডালে
নিজৰ ডাল জোকাৰি জোকাৰি ল'ৰাজনক ক'লে-আহা, মৰমিয়াল ল’ৰা, মোৰ ওপৰলৈ
উঠি আহা। এইদৰে
কৈ গছডালে নিজৰ ডাল তললৈ নমাই দিলে, কিন্তু ল'ৰাজন সৰু হোৱাৰ কাৰণে ডাল ঢুকি নাপালে।
দৃশ্যটো দেখি দানৱৰ হৃদয় বিগলিত হ’ল। সি নিজক
গালি-শপনি পাৰিবলৈ ধৰিলে- মই কিমান স্বাৰ্থপৰ!
এতিয়াহে বুজিলোঁ, উদ্যানখনলৈ ইমানদিন কিয় বসন্ত
অহা নাছিল! মই দেৱাল ভাঙি পেলাম। উদ্যানখন
চিৰদিনৰ কাৰণে ল’ৰা-ছোৱালীৰ কাৰণে মুকলি কৰি দিম। এইদৰে
মনতে ভাবি সি ল’ৰা-ছোৱালীৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তাক দেখি
ল’ৰা-ছোৱালীবোৰ ভয়ত দৌৰি পলাল। ফলত উদ্যানখন
পুনৰ শীতে আগুৰি ধৰিলে। কিন্তু
সৰু ল'ৰাজন আন আন ল’ৰা-ছোৱালীৰ লগত দৌৰি
পলাব পৰা নাছিল। দানৱটোৱে
আহি সৰু ল'ৰাটোক মৰমেৰে গছৰ ডালত বহুৱাই দিলে। ফলত তাত
চৰাইবোৰ উৰি আহি গীত জুৰিলে৷ গছত ফুল-ফল লাগিল। দানৱটোৱে
ল'ৰাজনক সাৱটি ধৰি চুমা খালে। দানৱটোৰ
ব্যৱহাৰ পৰিৱৰ্তন হোৱা দেখি আন আন ল’ৰা-ছোৱালীবোৰো পুনৰ উদ্যানখনলৈ
সোমাই আহিল। দানৱটোৱে
দেৱাল ভাঙি লৰা-ছোৱালীবোৰক সম্বোধি ক’লে- মৰমৰ ল'ৰা- ছোৱালীহঁত, আজিৰ পৰা উদ্যানখন তোমালোকৰ। আজিৰ
পৰা তোমালোকে ইয়াত ইচ্ছামতে খেল-ধেমালি কৰি থাকিব পাৰিবা।
এয়া আয়াৰলেণ্ডৰ লেখক অস্কাৰ ৱাইল্ডৰ ‘স্বাৰ্থপৰ দানৱ'
নামৰ এটা গল্পৰ কাহিনী। এয়া
এটা প্রতীকধর্মী গল্প। লেখকে
গল্পটোৰ জৰিয়তে সংসাৰত শিশুৰ গুৰুত্বৰ কথা প্ৰকাশ কৰিছে। কণ কণ
শিশুক নিষ্ঠুৰতাৰ প্ৰতীক দানৱেও মৰম কৰে। শিশুৰ কল-কাকলিয়ে মানুহক স্বর্গীয় আনন্দ প্ৰদান কৰে। সেয়ে
শিশুসকলক দেৱশিশু বুলি কোৱা হয়। কাৰণ
দেৱতাসকল যেনেকৈ নিষ্পাপ, শিশুসকলো সেইদৰে নিষ্পাপ। সংসাৰৰ
জটিলতা, কুটিলতা,
হিংসা-দ্বেষৰ পৰা শিশুসকল মুক্ত। সেয়ে
শিশুক ফুল, কোমলতা আৰু পবিত্ৰতাৰ লগত তুলনা কৰা হয়। আনহাতে
নাৰীক তুলনা কৰা হয়, ফুলৰ সৌন্দৰ্যৰ লগত। যুদ্ধ
আৰু প্ৰেমৰ ক্ষেত্ৰত সকলো বৈধ বুলি এষাৰ কথা প্রচলিত আছে। কিন্তু
সেই যুদ্ধক্ষেত্ৰতো শিশু আৰু নাৰী অবধ্য। এয়া শাস্ত্ৰৰ কথা। কিন্তু
দুর্ভাগ্যৰ কথা যে ২ মে’ত বি,টি,এ,ডিত সংঘটিত বৰ্বৰ নৰমেধ কাৰ্যত আঢ়ৈ কুৰিতকৈও অধিক
নিৰীহ শিশু আৰু নাৰীক শীতল মস্তিষ্কৰে হত্যা কৰা হ’ল। ইয়াৰ
মাজত শিশুৰ সংখ্যা ২২ টা। এইসকলৰ
মাজত এটি আঢ়ৈ বছৰীয়া শিশুও আছে।
এক তথ্য অনুসৰি বিগত ১৯৯০ চনৰ পৰা ২০১৩ চনৰ নৱেম্বৰলৈ এই তেইছ বছৰত বি টি এ
ডিত সন্ত্রাসবাদী সংগঠন এন ডি এফ বি আৰু বি এল টিৰ হাতত ২২৮ জন লোকৰ প্ৰাণনাশ হৈছে। ইয়াৰে
২৪ শতাংশ বড়ো আৰু ৭৬ শতাংশ অনাবড়ো সম্প্ৰদায়ৰ লোক। এই তাণ্ডৱৰ
ফলত ঘৰ-দুৱাৰ মাটি-সম্পত্তি হেৰুৱা বহুতে
এতিয়াও আশ্রয় শিৱিৰত আশ্ৰয় লৈ দুর্বিষহ জীৱন অতিবাহিত কৰি আছে। বি টি
এ ডিত আগে-পাছে সংঘটিত নৰমেধ কাৰ্যবোৰতকৈ ২ মে’ত সংঘটিত হত্যাকাণ্ড
আটাইতকৈ জঘন্য হিচাপে ইতিহাসত চিহ্নিত হৈ থাকিব। কাৰণ
ইয়াত একপক্ষীয়ভাবে নির্বিচাৰে শিশু আৰু নাৰীক হত্যা কৰা হৈছে। এই হত্যাকাণ্ডই
জাতি-ধর্ম, দল-সংগঠন
নির্বিশেষে বুদ্ধিজীৱী, লেখক, সমাজসেৱক,
ব্যৱসায়ী, চাকৰিজীৱী সকলোকে জোকাৰি গৈছে। ফলত সকলোৱে
এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে। বন্ধ-হৰতাল, অৱস্থান ধর্মঘট আদি পালন কৰি
দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী উত্থাপন কৰিছে। বহু দোষীক
ইতিমধ্যে গ্রেপ্তাৰো কৰা হৈছে।
কিমান শীতল মস্তিষ্ক আৰু মৰ্মান্তিকভাবে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে ভূক্তভোগীৰ
ভাষ্যৰ পৰা এই কথা অনুমান কৰিব পাৰি। মোৰ বন্ধু এজন হত্যাকাণ্ড সংঘটিত হোৱাৰ দুদিনমান পাছত ঘটনাস্থলীলৈ গৈছিল। উক্ত
হত্যাকাণ্ডৰ পৰা কোনোমতে প্রাণ লৈ পলাই আহিবলৈ সক্ষম হোৱা নন্কে খৈৰাবাৰী গাঁৱৰ এগৰাকী
মহিলাই বন্ধুজনক জনোৱা মতে, হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল বিয়লি চাৰিমান বজাত। গাঁওখন
নৈপৰীয়া। গাঁৱৰ
মানুহবিলাক কৃষিজীৱী। মানুহবিলাকে
গৰু-ছাগলী পোহে আৰু শাক-পাচলিৰ খেতি কৰে। এই কামবোৰ
মহিলাসকলেই বিশেষভাবে চোৱা-চিতা কৰে। পুৰুষসকল
জীৱিকাৰ সন্ধানত ৰাতিপুৱাই বিভিন্ন ঠাইলৈ, কৰ্মৰ সন্ধানত অথবা বজাৰ-সমাৰ কৰিবলৈ ওলাই যায় আৰু সন্ধিয়া ঘৰলৈ ওভতে। সিদিনা
আছিল হাটবাৰ। সেয়ে
পুৰুষসকলৰ বেছিভাগে ভাঙাৰপাৰ বজাৰলৈ গৈছিল। পুৰুষসকল ঘৰত নথকাৰ সুযোগলৈয়ে হত্যাকাণ্ডটো সংঘটিত কৰা হৈছিল। মহিলাগৰাকীৰ
ভাষ্য অনুসৰি যিসকলে এই হত্যাকাণ্ড সংঘটিত কৰিছে সিহঁতৰ বহুতকে তাই চিনি পায়। আনকি
লোকসকলৰ লগত আগে-পাছে সিহঁতৰ সম্পৰ্ক ভাল আছিল বুলিও মহিলাগৰাকীয়ে দাবী
কৰিছে। ঘটনা
সংঘটিত কৰা লোকসকলৰ দুজনমানক মহিলাগৰাকীয়ে পুৱা চাহ-পানী খুৱাইছে বুলিও প্ৰকাশ কৰিছে। মহিলাগৰাকীৰ
ভাষ্য অনুসৰি চাৰিমান বজাত এদল বন্দুকধাৰীয়ে গাঁৱৰ দুই মূৰৰ পৰা নির্বিচাৰে গুলীয়াবলৈ
আৰম্ভ কৰে। গুলীৰ
শব্দ আৰু মানুহৰ আৰ্ত কোলাহল শুনি মহিলা গৰাকী বাহিৰলৈ ওলাই আহি কেইজনমান ঘাতকক সিহঁতৰ
ঘৰৰ ফালে আহি থকা প্ৰত্যক্ষ কৰে। ঘটনাৰ
গুৰুত্ব উপলব্ধি কৰি তাই তাইৰ মাজনী নামৰ পাঁচবছৰীয়া কন্যাসন্তানটোক লৈ দৌৰি পলাবলৈ
ধৰে। কিন্তু
ছোৱালীজনী তাইতকৈ পিছপৰি যায়। পিছপৰি
যোৱা ছোৱালীজনীক ঘাতকৰ দলে আহি ধৰি পেলায় আৰু তাইৰ ভৰিত ধৰি খেতিত পানী যোগান ধৰিবলৈ
সংস্থাপন কৰা অগভীৰ নলী- নাদত আছাৰি হত্যা কৰে। মাতৃৰ
চকুৰ আগত সংঘটিত কৰা সেই হত্যাকাণ্ড কিমান হৃদয় বিদাৰক আৰু মৰ্মান্তিক আছিল, সেয়া ভূক্তভোগীৰ বাহিৰে বেলেগে উপলব্ধি কৰা সম্ভৱ নহয়। আন এটি
আঢ়ৈ বছৰীয়া শিশুক দুই ভৰিত ধৰি বুকুলৈকে ফালি হত্যা কৰা হৈছে বুলি প্ৰত্যক্ষদর্শীৰ
ভাষ্যৰ পৰা জনা যায়। আস্ ! দৃশ্যটো কল্পনা কৰিলেও গাৰ নোম শিয়ৰি উঠে। এয়া
হ’ল মাথোন দুটা ঘটনা। বি টি
এ ডিৰ হত্যাকাণ্ডত গুলীৰ লগতে কণ কণ শিশুসকলক আছাৰি অথবা জুইত পেলাই দি হত্যা কৰাৰ
দৰে আৰু বহুকেইটা ঘটনা সংঘটিত হৈছে। প্ৰাণৰ
ভয়ত নৈত জঁপিয়াই পৰা মানুহকো গুলীয়াই হত্যা কৰা হৈছে। এইবোৰ
ঘটনাই একৈশ শতিকাৰ সভ্য মানুহৰ সভ্যতাক ভেঙুচালি কৰা নাইনে বাৰু?
পৃথিবীৰ প্ৰায়বোৰ অনুন্নত দেশৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে বছৰ বছৰ
ধৰি সেইবোৰ দেশত শান্তি আৰু জনগণৰ সুৰক্ষা নাই। জাতিভেদ, অস্পৃশ্যতা, নিৰক্ষৰতা আৰু ধৰ্মীয় গোড়ামী আদি কম-বেছি পৰিমাণে এইবোৰ দেশত গা কৰি আছে। দেশ তথা
জাতিৰক্ষাৰ নামত এইবোৰ দেশত ভয়হীনভাবে আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ প্ৰতিযোগিতা চলে। ফলত ধৰ্ম
আৰু গোষ্ঠীৰ নামত সংঘৰ্ষ সংঘটিত হয় আৰু সেই সংঘৰ্ষত শ শ মানুহৰ মৃত্যু হয়। বহু মহিলা
বিধবা হয়, ল’ৰা-ছোৱালী ঘাত-মাউৰা হয়। ঘৰ-দুৱাৰ, সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ লগতে নিজৰ
মাটি-বৃত্তি হেৰুৱাই কৰ্মহীন হৈ পৰে। ফলত সিহঁতৰ
ল'ৰা-ছোৱালীবোৰ শিক্ষাৰ মৌলিক অধিকাৰৰ
পৰা বঞ্চিত হয়। কর্মহীন
হোৱাৰ ফলত দুই-চাৰিজনে আকৌ অসামাজিক কার্যকলাপতো লিপ্ত হয়। ধাৰাবাহিকভাবে
সংঘটিত হত্যা-সন্ত্ৰাসৰ ফলত দেশত অশান্তিৰ মাত্রা বৃদ্ধি পোৱাৰ লগতে
মানুহৰ নিৰাপত্তা নোহোৱা হয়। গণহত্যা, বলপূর্বক ধন সংগ্ৰহ, অপহৰণ আদি অসামাজিক কার্য দ্বিধাহীনভাবে
সংঘটিত হৈ থাকে। ফলত বাহিৰৰ
পৰা কোনো মানুহে কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি নাহে। একেদৰে
ডাক্তৰ, ইঞ্জিনিয়াৰ, নাৰ্ছ, শিক্ষক, কৃষি বিষয়াসকলেও সমস্যাজৰ্জৰ অঞ্চলসমূহত কাম
কৰিবলৈ অনীহা প্ৰকাশ কৰে। ফলত সেইবোৰ
অঞ্চল আনবোৰ অঞ্চলতকৈ লাহে লাহে পিছপৰি যায়। লগতে
অধিক হাৰত নিৰক্ষৰতা, দুর্নীতি, অপৰাধ প্ৰৱণতা,
অন্ধবিশ্বাস, কু-সংস্কাৰ, ধর্মীয় গোড়ামী আদি গা কৰি উঠিবলৈ সুবিধা পায়। ইয়াৰে
সুযোগ লৈ এচাম সুবিধাবাদীয়ে শোষণৰ অবাধ ৰাজত্ব চলায় আৰু এই সুবিধাবাদী চক্ৰই দেশখনক
অস্থিৰ কৰি ৰাখি নিজৰ অভীষ্ট সিদ্ধিৰ বাট সূচল কৰি ৰখাৰ কাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাবে
সন্ত্রাসবাদীক ৰক্ষণাবেক্ষণ দি থাকে।
এখন দেশৰ উন্নতিৰ পূৰ্বচতই হ’ল শান্তি-সম্প্ৰীতি। এই শান্তি-সম্প্ৰীতি ৰক্ষাৰ দায়িত্ব হ’ল চৰকাৰৰ। কিন্তু
গণতান্ত্রিক দেশ এখনৰ চৰকাৰে জনগণৰ ৰোষত পৰাৰ ভয়ত সন্ত্রাসবাদীৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ
ল’বলৈ কুণ্ঠাবোধ কৰে। ইয়াৰে
সুযোগ লৈ সন্ত্ৰাসবাদীয়ে হত্যা, অপৰহণ, ধনদাবী আদিৰ দৰে অসামাজিক ঘটনা
প্রশাসন যন্ত্ৰৰ সন্মুখতে অবাধে চলাই থাকে। বহুক্ষেত্ৰত গণতন্ত্ৰ ৰক্ষাৰ নামত চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰি থাকে
অথবা আত্মসমৰ্পণৰ নামত হত্যাকাৰীক ৰাজকীয় মৰ্যদা প্ৰদান কৰে। ইয়াৰ
ফলত ধন উপাৰ্জনৰ উপায় হিচাপে নতুন নতুন সন্ত্রাসবাদী সংগঠনৰ জন্ম হয়।
সেয়ে দেশ তথা সমাজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা সকলো অপৰাধৰ কাৰণে
‘ফাষ্টট্ৰেক কোর্ট’ৰ ব্যৱস্থা কৰি জামিনবিহীন খৰতকীয়া বিচাৰৰ জৰিয়তে
কঠোৰ শাস্তি বিধানৰ ব্যৱস্থা কৰিলেহে জনগণৰ শান্তি আৰু সুৰক্ষা নিশ্চিত হ’ব আৰু সকলো
প্ৰকাৰ অসামাজিক কার্য প্রতিহত কৰা সম্ভৱ হ’ব। এই ক্ষেত্ৰত
চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সমাজ সচেতন কৰাৰ কাৰণে সমাজৰ সৰ্বস্তৰৰ মানুহ
বিশেষকৈ বুদ্ধিজীৱী, লেখক তথা সমাজসেৱীসকলে আগভাগ ল'ব
লাগিব।
(নিয়মীয়া বার্তা
২৪-০৫-২০১৪)
প্ৰসংগঃ
শিক্ষাৰ অধিকাৰ আইন-২০০৯
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন- ২০০৯ খন কেন্দ্ৰীয় চৰকাৰে জন্মু-কাশ্মীৰৰ বাহিৰে সমগ্ৰ
দেশতে প্ৰৱৰ্তন কৰিছে। প্রাথমিক
শিক্ষাৰ ক্ষেত্ৰত নিঃসন্দেহে ই এক যুগান্তকাৰী ঐতিহাসিক পদক্ষেপ। যোৱা
২০০৯ চনৰ ২৭ আগষ্টত ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই এই আইনখনক অনুমোদন জনাইছে
আৰু কেন্দ্ৰীয় চৰকাৰে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ গুণগত প্রাথমিক শিক্ষা নিশ্চিত
কৰাৰ কাৰণে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা আইনখন বলৱৎ কৰাৰ কাৰণে অধিসূচনা জাৰি কৰিছে।
এই শিক্ষাৰ অধিকাৰ আইন-২০০৯ খন প্ৰণয়ন কৰাৰ আঁৰৰ ৰহস্য
কি? এই আইনখন প্রণয়ন কৰাৰ আগত আমাৰ দেশৰ ল’ৰা-ছোৱালী জানো শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত আছিল?
এই প্রশ্নৰ উত্তৰ পাবলৈ হ'লে আমাৰ দেশৰ শিক্ষাৰ
ইতিহাস সম্পর্কে কিছু কথা আলোচনা কৰাটো প্ৰাসংগিক হ’ব। স্বৰাজোত্তৰ
কালৰ ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত লোৱা পদক্ষেদসমূহ আছিল এনে ধৰণৰ- (১) ১৯৫০ চনত ভাৰতীয় সংবিধানৰ ৪৫তম দফাত দহ বছৰৰ পৰা
চৈধ্য বছৰ বয়সৰ তলৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা
কৰিবলৈ ৰাজ্য চৰকাৰসমূহলৈ এক নির্দেশনা জাৰি কৰা হৈছিল। ১৯৬৪
চনত ডি, চি কোঠাৰীৰ অধ্যক্ষতাত গঠিত কোঠাৰী আয়োগে প্রাথমিক শিক্ষাৰ
ক্ষেত্ৰত থকা কিছু সমস্যা সমাধান আৰু শিশুৰ সাৰ্বজনীন শিক্ষা নিশ্চিত কৰিবলৈ পৰামৰ্শ
আগবঢ়াইছিল। (২) ১৯৭৯-৮০ চনত অনানুষ্ঠানিক শিক্ষা আইনৰ জৰিয়তে চৈধ্য
বছৰ বয়সৰ সকলো শিশুক অনুষ্ঠানিক শিক্ষা আহৰণৰ ক্ষেত্ৰত সহযোগিতা কৰিবলৈ ব্যৱস্থা গ্ৰহণ
কৰা হৈছিল। (৩) ১৯৮৬ চনত দুটা পদক্ষেপ লোৱা হৈছিল। (ক) নতুন শিক্ষানীতিৰ আধাৰত প্ৰথম
শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্রাথমিক শিক্ষাক সার্বজনীন আৰু গুণগত মানসম্পন্ন কৰাৰ
বাবে পদক্ষেপ লোৱা হৈছিল। (খ) অপাৰেশ্বন ব্লেকবোর্ড আঁচনি(Operation Black Board)ৰ যোগেদি উপযুক্ত শৈক্ষিক পৰিৱেশ আৰু গুণগত
মানসম্পন্ন শিক্ষাৰ বাবে প্ৰয়োজনীয় ন্যূনতম সুবিধা প্ৰদানৰ যোগেদি ছাত্র- ছাত্ৰীৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। (৪) ১৯৯০ চনত আচাৰ্য ৰামমূৰ্তি কমিটিয়ে
বাধ্যতামূলক প্রাথমিক শিক্ষাক অনুমোদন জনাইছিল।(৫) ১৯৯২ চনত থাইলেণ্ডৰ জমটিএনত অনুষ্ঠিত
শিক্ষা সম্পৰ্কীয় আলোচনা সভা (কনফাৰেন্স)ৰ আন্তর্জাতিক ঘোষণা পত্ৰত প্ৰাথমিক শিক্ষাক বুনিয়াদী প্রয়োজন হিচাপে চিহ্নিত
কৰে আৰু ইয়াৰ আধাৰত ২০০০ চনত ভাৰতবৰ্ষত সকলোৰে বাবে শিক্ষা আঁচনি প্ৰস্তুত কৰা হয়। উক্ত
বৰ্ষতে ৰাষ্ট্ৰসংঘৰ শিশুৰ অধিকাৰ সম্পৰ্কীয় সন্মিলনত ভাৰতে বাধ্যতামূলক প্রাথমিক শিক্ষাৰ
বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি সন্মতিপত্ৰত স্বাক্ষৰ কৰে আৰু ‘প্লেন অৱ একশ্বন’(plan of Action)ৰ জৰিয়তে প্রাথমিক
শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰাদন কৰে। (৬) ১৯৯৪ চনত জিলা শিক্ষা আঁচনিৰ
যোগেদি প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। ১৯৯৫
চনত প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰণত সহযোগিতা কৰিবলৈ মধ্যাহ্ন ভোজন আঁচনি হাতত লয়। (৭) ১৯৯৭ চনত শইকীয়া কমিটিয়ে ৬
ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষাক মৌলিক
অধিকাৰ হিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় আৰু ২০০২ চনত ভাৰতীয় সংবিধানৰ ৮৬ তম
সংশোধনী মৰ্মে প্ৰতিজন শিশুৰ শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি প্রদান
কৰে। ২০০৩
চনৰ ১ জুনৰ পৰা সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। সৰ্বশিক্ষা
অভিযান মিছনৰ মূল লক্ষ্য হ’ল বিভিন্ন সময়ত গ্ৰহণ কৰা শিক্ষা বিষয়ক নীতি-নিৰ্দেশনাৰ আধাৰত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুক গুণগত মানসম্পন্ন শিক্ষা
প্ৰদান কৰা।
বিদ্যালয় গৃহনির্মাণ, পাঠ্যপুথি প্ৰণয়ন আৰু যোগান,
শিক্ষক প্রশিক্ষণ, শিশুৰ নাম পঞ্জীয়ন আৰু বিদ্যালয়ত
নাম ভৰ্তিকৰণ আদি ক্ষেত্ৰত কিছু সফল হ'লেও বহু ক্ষেত্ৰত সৰ্বশিক্ষা
অভিযান মিছন বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। গুণগত
মানসম্পন্ন শিক্ষা প্রদান, শিশুক বিদ্যালয়ত সংৰক্ষণ কৰা, শিশু
শ্রমিক নিবাৰণ, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক
নিযুক্তি, অভিভাৱকসকলক শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলা,
সমাজ জড়িতকৰণ, ছাত্ৰ-ছাত্ৰীৰ
উপস্থিতি নিয়মীয়াকৰণ, পুৰণি আওকলীয়া পদ্ধতি পৰিত্যাগ কৰি নতুন
পদ্ধতি অনুসৰি শিক্ষা প্ৰদানৰ বাবে শিক্ষকসকলক মানসিকভাবে প্রস্তুত কৰণত আশানুৰূপভাবে
সফলতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে সৰ্বশিক্ষা অভিযান মিছন- যাৰ ফলত
শিক্ষাৰ অধিকাৰ আইন-২০০৯ প্রণয়নৰ প্ৰাসিংগকতা আহি পৰিল। শিক্ষাৰ
অধিকাৰ আইনখনে বিশেষকৈ তলত দিয়া বিষয়সমূহৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে-
(১) ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে চুবুৰীয়া বিদ্যালয়ৰ
যোগেদি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব পাৰিব।
(২) কোনো শিশুৰ পৰা কোনো ধৰণৰ মাচুল ল’ব নোৱাৰিব আৰু কোনো
শিশুক মাচুলৰ বাবে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পৰা বঞ্চিত
কৰিব নোৱাৰিব।
(৩) বিদ্যালয়ত ভর্তি নোহোৱাকৈ ৰৈ থকা বা প্রাথমিক শিক্ষা
সম্পূৰ্ণ নকৰাকৈ বিদ্যালয় ত্যাগ কৰা শিশুক বয়সানুপাতে নির্দিষ্ট শ্ৰেণীত নামভৰ্তি কৰিব লাগিব আৰু শিশুটিৰ ৰৈ যোৱা শিকন
ঘাটি পূৰণ কৰিবৰ কাৰণে বিশেষ শিকনৰ ব্যৱস্থা কৰিব লাগিব।
(৪) চুবুৰীয়া বিদ্যালয়খনত নিজৰ শিশুটোৰ নাম ভৰ্তি কৰোৱাটো
প্ৰতিগৰাকী পিতৃ-মাতৃ তথা অভিভাৱকৰ দায়িত্বৰ ভিতৰত পৰিব।
(৫) কোনো বিদ্যালয়ে শিশুৰ নামভৰ্তিৰ মাচুল ল’ব নোৱৰিব আৰু
বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব। যদি কোনো
বিদ্যালয়ে মাচুল লোৱা বুলি প্ৰমাণ হয়, তেনেহ'লে সেই মাচুলৰ দহগুণ পর্যন্ত জাৰিমনা বিহা হ’ব। যদি কোনো
বিদ্যালয়ে বাছনি পৰীক্ষা অনুষ্ঠিত কৰে, প্ৰথমবাৰৰ বাবে ২৫ হাজাৰ
আৰু পৰৱৰ্তী পৰ্যায়ত ৫০ হাজাৰ টকা পর্যন্ত জৰিমনা বিহা হ’ব।
(৬) কোনো শিশুক নির্দিষ্ট শিক্ষাবৰ্ষত কোনো শ্রেণীত অনুতীৰ্ণ
কৰাই ৰাখি থ'ব নোৱাৰিব বা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত
বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰিব। (এই ক্ষেত্ৰত শিকন ঘাটি পূৰ্ণ কৰিবলৈ নিদানমূলক শিক্ষাৰ
ব্যৱস্থা আছে।)
(৭) কোনো শিশুক শাৰীৰিক শাস্তি প্রদান বা মানসিক নির্যাতন
কৰিব নোৱাৰিব। শাৰীৰিক
শাস্তি বা মানসিক নির্যাতন প্ৰদান কৰা লোকজনৰ বিৰুদ্ধে সেৱাবিধি অনুসৰি অনুশাসনমূলক
ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
(৮) প্ৰতিখন বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি থাকিব। পৰিচালনা
সমিতিয়ে বিদ্যালয় উন্নয়ন পৰিকল্পনা প্রস্তুত তথা ৰূপায়ণ কৰাৰ উপৰিও বিদ্যালয়ৰ
সামগ্ৰিক পৰিচালনা পর্যবেক্ষণ কৰিব।
(৯) চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষই বিদ্যালয়ত নিৰ্দ্ধাৰিত
ছাত্র-শিক্ষকৰ অনুপাত নিশ্চিত কৰিব লাগিব। নিম্ন
প্রাথমিক পর্যায়ত ৩০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আৰু উচ্চ
প্রাথমিক বিদ্যায়ত ৩৫ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনকৈ শিক্ষকৰ
ব্যৱস্থা কৰিব লাগিব।
(১০) কোনো শিক্ষকক দহ বছৰীয়া লোকপিয়ল, প্রাকৃতিক দুর্যোগ সাহায্যৰ কাম-কাজ অথবা নির্বাচন সম্বন্ধীয়
দায়িত্বৰ বাহিৰে চৰকাৰে বেলেগ কোনো অনা-শৈক্ষিক কামত নিয়োগ
কৰিব নোৱৰিব।
(১১) কোনো শিক্ষক ব্যক্তিগত টিউচন বা শিকন কৰ্মত জড়িত হ’ব
নোৱাৰিব।
(১২) আইনখন ৰূপায়ণ হোৱাৰ পাছৰপৰা চৰকাৰ অথবা স্থানীয় কর্তৃপক্ষৰ
আওতাৰ ভিতৰত থকা কোনো বিদ্যালয় সেই কৰ্তৃপক্ষৰ প্রমাণপত্র বা স্বীকৃতি নোপোৱাকৈ থাকিব
নোৱাৰিব।
(১৩) প্ৰতিগৰাকী শিক্ষকৰ বাবে একোখনকৈ শ্ৰেণীকোঠা থাকিব লাগিব
আৰু প্ৰধান শিক্ষকৰ বাবে এটাকৈ কার্যালয় কক্ষ থাকিব লাগিব।
ইয়াৰ উপৰিও ল’ৰা-ছোৱালীৰ বাবে কিছুমান উদ্গনিমূলক সুবিধাৰ
কথাও উল্লেখ কৰা হৈছে আইন খনত-
(১) ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক শৌচাগাৰ থাকিব লাগিব।
(২) সকলো শিশুৰ বাবে নিৰাপদ আৰু পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা
থাকিব লাগিব।
(৩) মধ্যাহ্ন ভোজনৰ বাবে ৰান্ধনি ঘৰ থাকিব লাগিব।
(৪) বিদ্যালয়ৰ নিজস্ব খেলপথাৰ আৰু বিদ্যালয় চৌহদত বেৰা বা
জেওৰা থাকিব লাগিব। প্ৰতিখন
বিদ্যালয়ত একোখনকৈ পুথিভঁড়াল থাকিব লাগিব।
এইসমূহ সুবিধাৰ উপৰিও
কিছুমান উপ-ধাৰাও সন্নিৱিষ্ট কৰা হৈছে আইনখনত-
শিক্ষাৰ অধিকাৰ আইন-২০০৯ বলৱৎ হোৱাৰ পাছত তিনি বছৰৰ ভিতৰত আইনখনৰ সকলো দিশ কাৰ্যকৰী কৰাৰ বাবে
লক্ষ্য স্থিৰ কৰা হৈছে। ইতিমধ্যে
সৰ্বশিক্ষাৰ অভিযান মিছনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যানুপাতে বিভাগীয়
নীতি অনুসৰি শ্ৰেণীকোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। গুণগত
শিক্ষা প্ৰদানৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি যোগান, পাঠ্যপুথিত সন্নিৱিষ্ট প্রয়োজনীয় শিকন লক্ষ্য আহৰণ কৰিবলৈ কার্যপত্র যোগান,
ছাত্র-ছাত্ৰীৰ মূল্যায়ন বহী যোগান, লিখন কৌশল আয়ত্ব কৰাৰ বাবে শিশু দিনলিপি যোগানৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। কম্পিউটাৰৰ
প্ৰাথমিক জ্ঞান প্ৰদানৰ বাবে কিছুমান বিদ্যালয়ত কম্পিউটাৰ যোগিন ধৰা হৈছে। সৰ্বভাৰতীয়
পৰ্যায়ৰ লগত সংগতি ৰাখি শিক্ষা প্ৰদানৰ বাবে সৰ্বস্তৰৰ পাঠ্যপুথি অনুবাদৰ প্ৰক্ৰিয়া
আৰম্ভ কৰা হৈছে। ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত
গোচৰ তৰাৰ বাবে এই প্রক্রিয়া সাময়িকভাবে স্থগিত ৰখা হৈছে। আইনৰ
ধাৰা আৰু উদ্দেশ্য সম্পর্কে সচেতন আৰু সফল ৰূপায়ণৰ বাবে ইতিমধ্যে শিক্ষক-শিক্ষয়িত্ৰীসকলক প্রশিক্ষণ প্ৰদান কৰা হৈছে তথা শিক্ষাৰ লগত জড়িত সমাজৰ ব্যক্তিসকলক
সজাগ কৰাৰ বাবে সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হৈছে।
আইন এখন সমাজৰ মংগলৰ কাৰণে প্ৰণয়ন কৰা হয়। চৰকাৰে
আইন প্রণয়ন কৰে আৰু বিভাগীয় প্রশাসনে আইনসমূহ জনসাধাৰণৰ মাজত প্ৰয়োগৰ ব্যৱস্থা কৰে। গতিকে
আইন এখনৰ সফলতা চৰকাৰ, প্রশাসন আৰু জনসাধাৰণৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। চৰকাৰৰ
দায়িত্ব হ'ল আইন প্রণয়ন কৰি আইনসমূহ প্ৰয়োগৰ কাৰণে উপযুক্ত আন্তঃগাঁথনিৰ
ব্যৱস্থা আৰু পৰিৱেশ সৃষ্টি কৰা, বিভাগীয় প্ৰশাসনৰ দায়িত্ব
হ’ল আইনৰ উদ্দেশ্য তথা লক্ষ্যসমূহ জনসাধাৰণক অৱগত কৰি আইনৰ প্ৰতি সচেতন কৰি তোলা আৰু
জনসাধাৰণৰ কৰ্তব্য হ’ল আইনৰ উদ্দেশ্য তথা লক্ষ্যসমূহ অৱগত হৈ আইনসমূহক সন্মান প্ৰদৰ্শন
কৰি বাস্তৱ জীৱনত প্ৰয়োগৰ বাবে নিজক মানসিকভাবে প্রস্তুত কৰি তোলা। ইতিমধ্যে
সমাজৰ কল্যাণৰ কাৰণে বহুতো আইন প্রণয়ন কৰা হৈছে যদিও বহুতো আইন নামমাত্ৰহে আইন হৈ
আছে— বাস্তৱত ইয়াৰ প্ৰয়োগ হোৱা নাই। চৰকাৰী
কৰ্তৃপক্ষই আইনসমূহৰ উদ্দেশ্য আৰু লক্ষ্য জনসাধাৰণক সঠিকভাবে অৱগত বা জনসাধাৰণৰ মাজত
প্ৰেৰণ কৰাত ব্যৰ্থ হোৱাৰ কাৰণেই আইনসমূহ ব্যৰ্থ হোৱা বুলি চিহ্নিত কৰিব পাৰি।
জনসাধাৰণে আইন এখনৰ বিষয়ে সম্ভেদ পায় ক’ৰ পৰা? পোষ্টাৰ,
দেৱাল লিখন, গোহাৰি পত্ৰ, সজাগতা শিৱিৰ, ৰেডিও, টি ভি,
বাতৰি কাকত, চাহ দোকানৰ আড্ডা তথা মুখ বগৰা আদি মাধ্যমৰ পৰা জনসাধাৰণে আইন এখনৰ প্ৰাথমিক
আভাস পায়। আইনৰ
লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে সম্পূৰ্ণ অৱগত নহয়। জনসাধাৰণক
অৱগত কৰাৰ কাৰণে সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয় যদিও দক্ষ ব্যক্তিৰ অভাৱ নাইবা দক্ষ
ব্যক্তিৰ সদিচ্ছাৰ অভাৱ অথবা অনীহাৰ কাৰণে সজাগতা শিৱিৰে জনসাধাৰণৰ মাজত পর্যাপ্ত প্ৰভাৱ
পেলাব নোৱাৰে। ফলত আইনসমূহ
গ্ৰহণৰ কাৰণে জনসাধাৰণ মানসিকভাবে প্রস্তুত হ’ব নোৱাৰে। কোনো
কোনো ক্ষেত্ৰত আইনৰ ভুল ব্যাখ্যাহে জনসাধাৰণৰ মাজত প্ৰচাৰ হয় আৰু সেই ভুল ব্যাখ্যাকে
তিলটোকে তালটো কৰি প্ৰচাৰ কৰা হয়। উদাহৰণ
স্বৰূপে ক’ব পাৰি-- চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন
ভোজন আৰু বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছে। ক'ৰবাত কোনো এজন বিষয়া-কৰ্মচাৰীৰ হেমাহি বা ভুল বুজাবুজিৰ
ফলত পাঠ্যপুথি বিতৰণ তথা মধ্যাহ্ন ভোজনৰ পৰিৱেশনত অনিয়ম হ’লে সেয়া বাতৰিকাকত বা চাহ
দোকানৰ আড্ডাত বিশেষভাবে গুৰুত্ব পায়; কিন্তু কি কাৰণত মধ্যাহ্ন
ভোজন তথা পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰা হৈছে, ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ কি কি উপকাৰ হৈছে সেয়া বাতৰিকাকত বা চাহ দোকানৰ আড্ডাত কমহে গুৰুত্ব
পায়। সিদিনা
পশ্চিম বংগৰ নৱনিৰ্বাচিত মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ‘ছিটবেল্ট’ নলগোৱাকৈ ভ্ৰমণ কৰাটো প্ৰচাৰ মাধ্যমে সজোৰে প্ৰচাৰ চলালে। এইবোৰ
আইনৰ ক্ষেত্ৰত ঘটা ব্যতিক্রমধর্মী খবৰহে। এইবোৰ আইন নহয়। অৰ্থাৎ
খবৰত আইনৰ সঠিক তথ্য প্রতিফলিত নহয়, ব্যতিক্রমধর্মী কিবা ঘটনাহে
অধিক ঢাক-ঢোল বজাই প্ৰচাৰ কৰা হয় খবৰত। সেয়ে
খবৰ হ’ল কোনো এটা বিষয়ৰ ক্ষেত্ৰত অপৈণত জ্ঞান। খবৰক
নিজস্ব অনুভৱ, বিশ্বাস, ধাৰণা আৰু নিৰপেক্ষ বিচাৰ-বিবেচনাৰে বিশ্লেষণ কৰিলেহে সেয়া জ্ঞানলৈ ৰূপান্তৰ হয়। জ্ঞানলৈ
ৰূপান্তৰ হোৱাৰ পাছত বাস্তৱ জীৱনত কাৰ্যকৰী কৰিলেহ জ্ঞান সৰ্বাংগ সুন্দৰ হয়।
একমাত্ৰ চৰকাৰে আইন এখন সফলভাবে ৰূপায়ণ কৰিব নোবাৰে। তাত জনসাধাৰণৰ
সহযোগিতাৰ প্ৰয়োজন হয়। শিক্ষাৰ
অধিকাৰ আইন-২০০৯ খন সফলভাবে ৰূপায়ণ কৰিবলৈ হ’লে চৰকাৰ তথা সমাজৰ প্ৰতিগৰাকী
সন্মানীয় ব্যক্তি, শুভাকাংক্ষীৰ লগতে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী, শিক্ষক, অভিভাৱক,
ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক দিশত আন্তৰিকতা আৰু দায়ৱদ্ধতাৰে
মনোনিৱেশ কৰিলেহে আইনখনে শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণ সূচনা কৰিব পাৰিব। ড০ হিমন্ত
বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত বহুতেই আইনখন সফলভাবে ৰূপায়ন
হ’ব বুলি ইতিমধ্যে আশাবাদী হৈ উঠিছে। এই ক্ষেত্ৰত
ইয়াৰ ফলাফল সময়তহে ওলাব।
(এদিনৰ সংবাদ-১৩-৬-২০১১)
বিজ্ঞানৰ দৃষ্টিত নাৰী আৰু
পুৰুষ
নাৰীক পুৰুষৰ সমকক্ষ কৰি গঢ়ি তুলিবলৈ বিভিন্ন আইন প্রণয়ন হোৱাৰ লগতে বিভিন্ন
সংগঠনৰ জন্ম হৈছে। তথাপিও
নাৰী এতিয়ালৈকে অৱহেলিতা, লাঞ্ছিতা আৰু নির্যাতিতা হৈয়ে আছে। এফালে
নাৰীক দেৱীৰূপে পূজা কৰা হৈছে আৰু আনফালে ভোগৰ সামগ্ৰী তথা পণ্য হিচাপে ব্যৱহাৰ কৰি
নাৰীদেহৰ বিজ্ঞাপনৰ যোগেদি কোটী কোটী টকাৰ ব্যৱসায় কৰি থকা হৈছে। মুখত
নাৰী আৰু পুৰুষৰ সমঅধিকাৰৰ কথা কোৱা হয় যদিও বেছিভাগ ক্ষেত্ৰতে নাৰীক পুৰুষৰ স্বাৰ্থত
ব্যৱহাৰ কৰা হয়। নাৰীৰ
স্বাৰ্থত খুব কমেই পুৰুষক ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ
কাৰণ হিচাপে নাৰীৰ সৌন্দৰ্য প্ৰদৰ্শনৰ প্ৰৱণতা আৰু নাৰী আৰু পুৰুষৰ সৃষ্টিগত পার্থক্যৰ
ভেদাভেদ নৰখাৰ ফলতেই বৰ্তমান একৈছ শতিকাৰ সভ্য সমাজতো নাৰীয়ে নিজৰ অধিকাৰ প্ৰতিষ্ঠা
কৰি লাঞ্ছনা, বঞ্ছনা, প্ৰতাৰণাৰ পৰা হাত সাৰি
থাকিবলৈ সক্ষম হোৱা নাই বুলি ‘ইছলামৰ দৃষ্টিত পৰ্দাৰ হুকুম’ নামৰ গ্ৰন্থত উল্লেখ
কৰিছে।
গ্ৰন্থখনত উল্লেখ কৰা মতে ঊনবিংশ শতিকাৰ ‘ইনচাইক্লোপেডিয়া’
প্রণেতাসকলে নাৰী আৰু পুৰুষৰ শাৰীৰিক আৰু মানসিক পার্থক্য এনেদৰে উল্লেখ কৰিছে-
নাৰীৰ ভৰিৰ পৰা মুৰলৈকে অংগ-প্ৰত্যংগসমূহ পুৰুষৰ
অংগ-প্ৰত্যংগতকৈ সম্পূর্ণ বেলেগ। আনকি
নাৰী আৰু পুৰুষৰ যিবোৰ অংগ-প্রত্যংগ সাধাৰণ দৃষ্টিত একেধৰণৰ বুলি ধৰণা হয়,
প্ৰকৃততে সেইবোৰো পুৰুষতকৈ বেলেগ। উক্ত
গ্ৰন্থখনত নাৰী আৰু পুৰুষৰ অংগ-প্ৰত্যংগসমূহৰ তুলনামূলক
সূক্ষ্ম আলোচনা কৰি সাৰমৰ্ম তলত লিখা ধৰণে বৰ্ণনা কৰিছে।
নাৰী ধৈৰ্যৰ প্ৰতিমূৰ্তি
আৰু নাৰীৰ শাৰীৰিক গঠন প্রায় শিশুৰ অনুৰূপ৷ সকলো ক্ষেত্ৰত নাৰীৰ অনুভূতি শিশুৰ দৰে
দ্ৰুত প্ৰভাৱিত হয়। শিশুসকল
দুখ-কষ্টৰ কোনো কাৰণ হ'লেই তৎক্ষণাৎ কান্দিবলৈ
আৰম্ভ কৰে আৰু আনন্দৰ কাৰণ ঘটিলেই তৎক্ষণাৎ আনন্দত আত্মহাৰা হৈ জঁপিয়াবলৈ আৰম্ভ কৰে। নাৰীৰ
অৱস্থাও ঠিক শিশুৰ দৰে একেধৰণৰ। অনুভূতিপ্ৰৱণ
ঘটনাত পুৰুষতকৈ নাৰী অধিক পৰিমাণে প্ৰভাৱিত হোৱা দেখা যায়। কিয়নো, অনুভূতিপ্ৰৱণ ঘটনাই নাৰীৰ হৃদয়ত ইমানেই বেছি প্ৰভাৱ বিস্তাৰ কৰে যে বিবেক-বিবেচনাৰ প্ৰতি তেতিয়া নাৰীয়ে মুঠেই ভ্রূক্ষেপ নকৰে। নাৰীৰ
মাজত তেতিয়া দৃঢ়তা আৰু স্থিৰতাৰ অভাৱ পৰিলক্ষিত হয়। ফলত কঠিন
আৰু দুর্যোগপূর্ণ মুহূর্তত নাৰী স্বাভাৱিকতে অস্থিৰ আৰু ব্যাকুল হৈ উঠে। এয়া
হ’ল নাৰীৰ মানসিক অৱস্থা। বৈজ্ঞানিক
পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে ত্যৰ গড় উচ্চতাৰ তুলনাত
নাৰীৰ গড় উচ্চতা ১২ চেণ্টিমিটাৰ কম। কোনো নিৰ্দিষ্ট দেশ বা জাতিৰ মাজত এই পার্থক্য সীমাৱদ্ধ নহয়,
নিগ্রো জাতিসমূহৰ মাজত যেনেকৈ এই পার্থক্য বিৰাজমান, বিশ্বৰ অন্যান্য জাতিৰ মাজতো এই পার্থক্য সমভাবে বিৰাজমান। তদুপৰি
যুৱক- যুৱতীসকলৰ দৰেই শিশুসকলৰ মাজতো এই পার্থক্য বিৰাজমান। নাৰী
আৰু পুৰুষৰ ওজনৰ ক্ষেত্ৰতো এই পার্থক্য বিৰাজমান। য'ত পুৰুষৰ গড় ওজন ৪৭ কিলোগ্রাম ত'ত নাৰীৰ গড় ওজন ৪২.৫০০ কিলোগ্রামতকৈ অধিক নহয়। অর্থাৎ নাৰীৰ ওজন পুৰুষতকৈ গড় হিচাপত ৫ কিলোগ্ৰাম কম। ডাঃ দ্য কৰিনিয়ে
ইনচাইক্লোপেডিয়াত উল্লেখ কৰিছে যে সামগ্রিকভাবে পৰীক্ষা কৰিলে দেখা যায় যে নাৰীৰ
শৰীৰৰ মাংসপেশী পুৰুষৰ মাংসপেশীৰ তুলনাত বেলেগ প্ৰকৃতিৰ। মাংসপেশীৰ
ঘনত্ব আৰু শক্তি তিনিভাগ কৰিলে দুই ভাগেই পুৰুষৰ ভাগত পৰিব। মাংসপেশীৰ
দ্ৰুত সঞ্চালনাৰ গতি আৰু সংকোচনৰ ক্ষমতাও নাৰীতকৈ পুৰুষৰ বেছি। নাৰীৰ
তুলনাত পুৰুষৰ মাংসপেশীৰ সঞ্চালন গতি দ্রুততৰ আৰু ক্ৰিয়া অধিক শক্তিশালী। মানুহৰ
প্ৰাণকেন্দ্ৰ হ’ল হৃদপিণ্ড। নাৰী
আৰু পুৰুষৰ হৃদপিণ্ডৰ মাজতো যথেষ্ট পার্থক্য বিৰাজমান। বৈজ্ঞানিক
গৱেষণাত প্রমাণিত হৈছে যে পুৰুষৰ তুলনাত নাৰীৰ হৃদপিণ্ডৰ ওজন ৬০ ড্রাম( এক- ১/১৬ আউন্স) কম আৰু অপেক্ষাকৃত পাতল। শ্বাস-প্রশ্বাসৰ ক্ষেত্ৰতো নাৰী আৰু পুৰুষৰ মাজত পাৰ্থক্য বিদ্যমান। মানুহৰ
শ্বাস-প্রশ্বাসৰ মাধ্যমত যি কার্বলিক এচিডৰ অনু নিগমন হয়,
সেয়া অভ্যন্তৰীণ তাপৰ ফলত বায়ুলৈ ৰূপান্তৰিত হৈ শ্বাস-প্রশ্বাসৰ লগত মিশ্ৰিত অৱস্থাত নির্গত হয়। পুৰুষে
প্রতি ঘণ্টাত ১১ ড্রাম কার্বলিক এচিড জ্বলাবলৈ সক্ষম হয় আৰু নাৰীয়ে পুৰুষৰ তুলনাত
খুবেই কম জ্বলাবলৈ সক্ষম হয়। নাৰীৰ
মূল শাৰীৰিক তাপো পুৰুষতকৈ বহু কম অর্থাৎ আধাতকৈ সামান্য বেছি। নাৰী
মানসিকভাবেও পুৰুষৰ তুলনাত দুৰ্বল। চাইকোলনীৰ
মতানুসাৰে নাৰীৰ মস্তিষ্কভাগৰ সিৰা-উপসিৰাৰ একা-বেঁকা ৰেখাও পুৰুষৰ (মস্তিষ্কৰ কোষৰ) তুলনাত কম। নাৰীৰ
মস্তিষ্ক কোষৰ পৰ্দা বা আৱৰণসমূহো অপৰিণত।
অৱশ্যে শাৰীৰিক আৰু মানসিকভাবে দুর্বল হ’লেও কোনো কোনো ক্ষেত্ৰত নাৰী পুৰুষতকৈ
অধিক শক্তিশালী। ধৈৰ্যৰ
ক্ষেত্ৰত নাৰী পুৰুষতকৈ সবল। নাৰীৰ
কৃতজ্ঞতা আৰু আনুগত্য গুণো পুৰুষতকৈ অধিক। সেৱা-যত্ন আৰু আতিথেয়তাৰ বেলিকাও নাৰী পুৰুষতকৈ শ্ৰেষ্ঠ। সূক্ষ্ম
হাতৰ কামত নাৰী পুৰুষতকৈ অধিক পাৰ্গত। সন্তান
প্রতিপালনৰ ক্ষেত্ৰতো নাৰী পুৰুষতকৈ অধিক শক্তিশালী। এগৰাকীয়ে
নাৰীয়ে দহোটা পর্যন্ত সন্তান প্রতিপালন কৰিব পাৰে; অথচ এজন পুৰুষে এজন সন্তানো সঠিকভাবে প্রতিপালন কৰিবলৈ অক্ষম। ইয়াৰ
পৰা এইটো স্পষ্ট হৈ পৰে যে নিজ নিজ কর্মক্ষেত্ৰত নাৰী আৰু পুৰুষ পৰষ্পৰতকৈ অধিক শ্রেষ্ঠ। কিন্তু
এইটো ঠিক যে নাৰীয়ে উপযুক্ত শিক্ষাৰে শিক্ষিতা হৈ মানসিকভাবে নিজক পুৰুষৰ সমকক্ষ কৰি
গঢ়ি তুলিবলৈ সক্ষম হ’লেও শাৰীৰিক শক্তিত কেতিয়াও পুৰুষৰ সমকক্ষ হ’ব নোৱাৰে।
(দৈনিক বাতৰি- ২৬-১১-২০০৯)
সম নাগৰিক অধিকাৰ আইন
দেশৰ সকলো নাগৰিকৰ কাৰণে সমান নাগৰিক আইন (ইউনিফর্ম চিভিল
কোড) প্রণয়ন সন্দৰ্ভত বিধি আয়োগে বিচাৰ-বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। সমান নাগৰিক আইনৰ অৰ্থ হৈছে, সকলো নাগৰিকৰ কাৰণে সমান
আইন। সমান
নাগৰিক আইন এক ধৰ্মনিৰপেক্ষ আইন, যি সকলো ধৰ্ম তথা জাতি-গোষ্ঠীৰ মানুহৰ কাৰণে সমানে প্রযোজ্য। ই সকলো
ধৰ্ম তথা জাতিৰ আইনৰ উৰ্দ্ধত। এনেকুৱা
আইন এতিয়ালৈকে ভাৰতবৰ্ষত প্ৰচলিত হোৱা নাই। ভাৰতত বহু আইন ধৰ্মৰ আধাৰত নিৰ্দ্ধাৰণ কৰা হৈছে। হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আদি ধৰ্মীয় সম্প্রদায় হিন্দু বিধিৰ অন্তৰ্গত। মুছলিম
আৰু খ্ৰীষ্টানৰ কাৰণে নিজা নিজা ব্যক্তিগত আইন (পাৰ্চনেল ল’) আছে। মুছলিম
পাৰ্ছনেল ল’ চৰিয়ৰ ওপৰত আধাৰিত আৰু অন্যান্য ধর্মীয় সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য ব্যক্তিগত
আইন ভাৰতীয় সংসদৰ সংবিধানৰ ওপৰত আধাৰিত। ১৭৭২ চনত লৰ্ড ওৱাৰেন হেষ্টিংচে উপলব্ধি কৰিছিল যে, ইউৰোপীয়ান কমন আইন ভাৰতবৰ্ষত প্রযোজ্য নহ'ব,
সেয়ে তেওঁ হিন্দু-মুছলমান উভয় সম্প্রদায় ধর্মীয়
গ্ৰন্থৰ আধাৰত পৰিচালিত হোৱাটো বিচাৰিছিল। সেয়ে
তেওঁ হিন্দু-মুছলমানৰ কাৰণে বেলেগ বেলেগ পাৰ্চনেল ল’ৰ পোষকতা কৰিছিল। কাৰণ
ব্ৰিটিচে হিন্দু-মুছলমানৰ ব্যক্তিগত আইনৰ ওপৰত হস্তক্ষেপ কৰিব বিচৰা নাছিল। ১৮৪০
চনত ‘লেক্স ল’চি’ৰ প্ৰতিবেদনত অপৰাধ, সাক্ষ্য-প্রমাণ, চুক্তি আদিৰ ক্ষেত্ৰত
সমান নাগৰিক আইন প্রয়োগৰ পোষকতা কৰিছিল আৰু ধৰ্ম সংক্রান্তীয় বিষয়বোৰ অপৰাধ সংক্রান্তীয়
আইনৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিছিল। ধর্মীয়
সম্প্রদায়বিলাক ধর্মীয় গ্রন্থ আৰু আচাৰ- ৰীতিৰ দ্বাৰা অৰ্থাৎ পাৰ্ছনেল
আইনৰ দ্বাৰা পৰিচালিত হ’ব লাগে বুলি তেওঁ পৰামৰ্শ দিছিল। (স্মতব্য যে, ছশ বছৰীয়া মুছলিম শাসনকালত
হিন্দুৰ কাৰণে কোনো ধৰণৰ পাৰ্চনেল আইন প্রণয়ন কৰা হোৱা নাছিল।)প্ৰাক্স্বাধীনতা আৰু স্বাধীনোত্তৰ কালত মহিলাৰ বিৰুদ্ধে
সংঘটিত নির্যাতন আৰু বৈষম্য আঁতৰ কৰাৰ কাৰণে সেই ঔপনিৱেশিক আইন মাজে সময়ে কিছু কিছু
সংশোধন কৰা হৈছে।
১৯৩৩ চনত লক্ষ্মী মেননে সৰ্বভাৰতীয় মহিলা আয়োগৰ এখন সন্মিলনত ঘোৰতৰ অভিযোগ
উত্থাপন কৰিছিল। তেওঁ
ভাষণত কৈছিল—— যদি আমি বিচ্ছেদ বিচাৰো তেনেহ'লে নিজকে অমুছলিম বুলি
পৰিচয় দিয়াৰ লগতে হিন্দু আইনৰ দ্বাৰা পৰিচালিত নহয় বুলি ঘাষণা কৰিব লাগে। বিধান
সভাৰ সদস্যসকলে মহিলাৰ কাৰণে লাভদায়ক খৰতকীয়া পৰিৱৰ্ত্তনত সহায় নকৰে। সেয়ে
পাৰ্চনেল ল’ৰ পৰিৱৰ্ত্তে সমান নাগৰিক আইন প্রণয়ন হ’ব লাগে।' তেওঁৰ এই প্ৰস্তাৱৰ পাছতে কৰাছী অধিবেশনত কংগ্ৰেছে লিংগ
বৈষম্য আঁতৰ কৰাৰ বাবে প্ৰস্তাৱ পাছ কৰিছিল। ইয়াৰ
পাছৰ পৰ্যায়ত স্বাধীনোত্তৰ কালত ১৯৪৭ চনৰপৰা ১৯৫৬ চনলৈ হিন্দু বিবাহ আইন, চাচেন এ”, অভিভাৱকত্ব আইন, দত্তক
গ্ৰহণ আৰু ভৰণপোষণকে আদি কৰি কেবাটাও হিন্দু কোড বিল ভাৰতীয় সংসদে পাছ কৰিছিল আৰু
লগতে সমান নাগৰিক আইনৰ পোষকতা কৰিছিল। ১৯৮৫
চনৰপৰা অৰ্থাৎ শ্বাহভানু কেছৰপৰা এই সমান নাগৰিক আইনৰ বিষয়টো সমসাময়িক ৰাজনীতিত বিতর্কিত
ইছ্যু হৈ পৰিছে। ২০০৩
চনত প্ৰয়াত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামেও এই সমান নাগৰিক আইনৰ পোষকতা কৰিছিল। বিগত
বৰ্ষৰ অক্তোবৰ মাহৰপৰা সমান নাগৰিক আইনৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। কাৰণ
বিগত বৰ্ষৰ অক্টোবৰ মাহত এজন খ্ৰীষ্টান নাগৰিকে তালাক অধিনিয়মক প্রত্যাহ্বান জনাই
চুপ্রিম কোর্টত আবেদন কৰিছিল। উক্ত
আবেদনত তেওঁ উল্লেখ কৰিছিল যে, খ্রীষ্টান দম্পত্তিয়ে
তালাক ল’বলৈ হ'লে দুবছৰ বেলেগে থকাৰ পাছতহে তালাক ল’ব পাৰে,
কিন্তু আনহাতে হিন্দু আইন অনুসৰি ছমাহ কৰি মুঠ এবছৰ বেলেগে থাকিলেই তালাক
ল’ব পাৰে। এই সন্দৰ্ভত
তিনি তালাক আৰু চাৰি বিবাহৰ বিষয়ো উত্থাপন হৈছিল।
ইয়াৰ পাছৰপৰা আইনৰ ক্ষেত্ৰত ধৰ্মীয় এই ব্যৱধানৰ ওপৰত চৰ্চা আৰম্ভ হয় আৰু
সমান নাগৰিক আইনৰ দাবী উত্থাপন হ’বলৈ ধৰে। ইয়াৰ
ফলত কোৰ্টত জনহিতৰ কাৰণে আবেদন
আহিবলৈ ধৰে আৰু কোর্টে ইয়াকে কৈ বিষয়টোৰ ওপৰত বিচাৰ কৰিবলৈ আপত্তি কৰে যে, আইন প্রণয়ন কৰাটো চৰকাৰৰ কাম, এই বিষয়ে কোর্টে আদেশ
দিব নোৱাৰে। ইফালে
কোনো ব্যক্তি কোৰ্টলৈ ন্যায় বিচাৰি আহিলে কোর্টে তাক গুৰুত্ব নিদিয়াকৈও থাকিব নোৱাৰে। এই ক্ষেত্ৰত
তিনি তালাকৰ দ্বাৰা পীড়িতা মহিলাই অধিক কোর্টলৈ আহে। সেয়ে
২০১৫ চনৰ অক্টোবৰ মাহত চুপ্রিম কোর্টে কেন্দ্রীয় চৰকাৰৰপৰা সম নাগৰিক আইনৰ বিষয়ে
স্থিতি স্পষ্ট কৰিবলৈ পৰামৰ্শ দিছিল। চুপ্রিম
কোর্টৰ নিৰ্দ্দেশৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো বিধি আয়োগলৈ প্ৰেৰণ কৰে। আয়োগৰ
সূত্ৰৰ পৰা জনোৱা মতে, আয়োগে সৰ্বপ্ৰথম ৰূপৰেখা প্রস্তুতৰ ওপৰত গুৰুত্বাৰোপ
কৰি এই আইনৰ ৰূপৰেখা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। মতামত
আৰু ৰিফাৰেন্সৰ লগতে প্ৰাসগিংক অন্যান্য দস্তাৱেজ সংগ্ৰহ কৰি আছে। আদালতৰ
সিদ্ধান্তৰ ওপৰত কৰা মন্তব্য আৰু ৰিফাৰেন্স সংগ্ৰহৰ ওপৰতো গুৰুত্বাৰোপ কৰা হৈছে। অর্থাৎ
বিচাৰৰ আৱেষ্টনীৰ ভিতৰত কোনবোৰ বিষয় স্থান পাব সেয়া বিচাৰ-বিবেচনা কৰি থকা হৈছে। ইয়াৰ
পাছত ‘ওয়েৱ চাইট’ৰ জৰিয়তে নাগৰিকৰ মতামতো সংগ্ৰহ কৰা হ’ব। ব্যাপক
বিচাৰ-বিমৰ্শৰ পাছত আয়োগে প্রতিবেদন প্রস্তুত কৰি চৰকাৰৰ ওচৰত
দাখিল কৰিব। অৱশ্যে
এইক্ষেত্ৰত কিছু সময় লাগিব। আয়োগৰ
মতে, সমান নাগৰিক আইনক কোনো ধর্ম বিশেষৰ ওপৰত গুৰুত্ব দি চোৱা
উচিত নহয় আৰু আয়োগে এনেকুৱা সন্দৰ্ভলৈ বিচাৰ নকৰে। এয়া
সকলো ধৰ্মৰ কাৰণে সমান আইনৰ বিষয় আৰু পূৰ্বৰেপৰা দেশত এনেকুৱা কিছুমান আইন আছে যি
সকলো ধৰ্মাৱলম্বী মানুহৰ কাৰণে একে।
ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে ভাৰতীয় দণ্ড বিধি আইন (আইপিচি) আৰু অপৰাধ সংক্রান্তীয় আইন (চিআৰপিচি), যি সকলো নাগৰিকৰ কাৰণে সমানে প্রযোজ্য। বৰ্তমানৰ
এই সমান নাগৰিক আইন দেৱানী আইনৰ লগত সম্পর্কিত। ইয়াত
বিবাহ, তালাক, সম্পত্তিৰ ভাগ-বাটোৱাৰা, ভৰণ- পোষণ আদি সাঙোৰ
খাই আছে। এইবোৰ
আইন ধৰ্মৰ লগত সম্পর্কিত। সেয়ে
বিষয়টো খুবেই সংবেদনশীল। যাৰ বাবে
আয়োগে এনেকুৱা দেৱানী আইনৰ ৰেফাৰেন্স সন্ধান কৰি আছে, যি নেকি সকলো ধৰ্মৰ মানুহৰ কাৰণে সমানে প্রযোজ্য। সকলো
নাগৰিকৰ কাৰণে সমান নাগৰিক আইনৰ কথা সংবিধানৰ অনুচ্ছেদ ৪৪ত উল্লেখ আছে। এয়া
হৈছে নীতি-নিৰ্দ্দেশক সিদ্ধান্ত। ইয়াত
সমান নাগৰিক আইনৰ আদৰ্শ ও ব্যৱস্থাপনাৰ কথা উল্লেখ আছে। কিন্তু
ইয়াত উল্লেখ কৰা বিষয়বোৰ কাৰ্যকৰী কৰাটো চৰকাৰৰ কাৰণে অনিবার্য নহয়। সমান
নাগৰিক আইনৰ ওপৰত পূৰ্বৰেপৰা আলোচনা হৈ আছে যদিও ইয়াৰ আগতে কোনো ফলপ্ৰসু পদক্ষেপ লোৱা
হোৱা নাছিল। ফলত বহুতে
এই আইনৰ পোষকতা কৰি আছে যদিও আজিলৈকে এই আইন প্রযোজ্য হ’ব পৰা নাই। সম্ভৱতঃ
স্বাধীনতা প্রাপ্তিৰ পাছত এয়াই প্ৰথম প্ৰয়াস, য’ত চৰকাৰ এই বিষয়টো
বিধি আয়োগক ন্যস্ত কৰিছে। ইয়াৰ
আগতে বিধি আয়োগে কেতিয়াও এই বিষয়ৰ ওপৰত বেলেগে বিচাৰ কৰি কোনো প্রতিবেদন দাখিল কৰা
নাছিল। অৱশ্যে
বিবাহ আইনৰ ক্ষেত্ৰত সংশোধনৰ কাৰণে আয়োগে সময়ে সময়ে প্রতিবেদন দাখিল কৰিছে আৰু দুই
এখন প্রতিবেদনত ৰেফাৰেন্সৰ কাৰণে ইয়াৰ ওপৰত চৰ্চা হৈছে। কিন্তু
এইবাৰ আয়োগে বিশেষভাবে এই বিষয়ৰ ওপৰত বিচাৰ-বিবেচনা কৰি নিজৰ প্রতিবেদন
দাখিল কৰিব। এই ক্ষেত্ৰত
শিৱসেনাই মোদী চৰকাৰক কৈছে, বিৰোধীলৈ ভ্ৰুক্ষেপ নকৰাকৈ ফাইল আগবঢ়াই লৈ যাওঁক।
এতিয়ালৈকে দেশত হিন্দু আৰু মুছলমানৰ কাৰণে বহু ক্ষেত্ৰত বেলেগ বেলেগ আইন প্রচলন
হৈ আছে। মুছলমানসকলৰ
কাৰণে চৰিয়তী আইন প্ৰণয়নৰ কাৰণে মুছলিম পাৰ্চনেল ল' বোর্ড আছে। এই পাৰ্চনেল
ল’ বোর্ডে মুছলমানসকলৰ বিবাহ, তালাক, ভৰণপোষণ আৰু উত্তৰাধিকাৰ আইনৰ নীতি নিৰ্দ্ধাৰণ কৰে। এই ক্ষেত্ৰত
তিনি তালাক বিষয়টো মাজে সময়ে বিতৰ্কৰ বিষয় হৈ পৰে। কাৰণ
তিনি তালাকৰপৰা পুৰুষসকল লাভবান হ'লেও মহিলাসকল ক্ষতিৰ সন্মুখীন
হৈ আছে। তিনি
তালাক বহু ক্ষেত্ৰত মহিলাৰ কাৰণে অভিশাপ স্বৰূপো হৈ পৰে। কাৰণ
সামান্য দোষতে, কেতিয়াবা আকৌ যৌতুক নাপাই এই তিনি তালাকৰ সুযোগ গ্ৰহণ
কৰি বহু মহিলাৰ জীৱন দুর্বিষহ কৰি তোলা দেখা যায়। উত্তৰ
আৰু পশ্চিম ভাৰতৰ মহিলাসকল উত্তৰাধিকাৰ তথা ভৰণপোষণ আইনৰপৰা বঞ্চিত হৈ আছে, যদিও শ্বৰিয়াহ আইনত ইয়াৰ বিধান আছে। শ্বাহভানু
মোকদমা ইয়াৰ জলন্ত উদাহৰণ। বাল্যবিবাহো
কম বিতর্কিত নহয়। বাল্যবিবাহৰ
ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ১৯২৯ চনত ভাৰতবৰ্ষত বাল্যবিবাহ নিৰোধক আইন প্রণয়ন কৰা
হৈছিল; কিন্তু ধর্মীয় নীতি আদৰ্শৰ আধাৰত মুছলমানসকলে এই আইনৰ
বিৰোধিতা কৰি অৱজ্ঞা আন্দোলন আৰম্ভ কৰিছিল। সেয়ে
বাধ্য হৈ তেতিয়াৰ ব্ৰিটিচ চৰকাৰে ১৯৩৭ চনত মুছলিমৰ কাৰণে বাল্য বিবাহৰ স্বপক্ষে মত
দিবলৈ বাধ্য হৈছিল। কিন্তু
এই বাল্যবিবাহে মুছলিম সমাজক বহু পশ্চাদপদ কৰি ৰাখিছে। সেয়ে
সচেতন মুছলমানে এই আইনৰ বিলোপ সাধন বিচাৰে। হিন্দু আইনেও মহিলাসকলক যথোচিতভাবে ৰক্ষণাবেক্ষণ দিব পৰা নাই। হিন্দু
পাৰ্ছনেল ল’ৰ ফলত হিন্দু মহিলাসকল উত্তৰাধিকাৰ, পুনর্বিবাহ আৰু বিবাহ
বিচ্ছেদৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে। ইফালে
বৰ্ণ হিন্দুৰ মাজত নিষিদ্ধ বিধবা বিবাহ শূদ্ৰসকলৰ মাজত প্ৰচলিত হৈ আছে। সেয়ে
এই সমান নাগৰিক আইনৰ জৰিয়তে সকলোকে একে আইনৰ অধীনলৈ আনিব বিচৰা হৈছে। এই সমান
আইন প্রচলন হ’লে মহিলাসকল লাভান্বিত হোৱাৰ লগতে ধর্মীয় ব্যৱধান হ্রাস পাব বুলি আশা
কৰা হৈছে।
কিন্তু এই সমান নাগৰিক
আইন কার্যকৰী কৰাটো মোদী চৰকাৰৰ কাৰণে সহজ কাম নহ’ব। কাৰণ
কংগ্ৰছ পূৰ্বৰেপৰাই এই আইনৰ বিৰোধিতা কৰি আছে। ইফালে
গোড়া ধর্মীয় গুৰু, মৌলবীসকলো এই আইনৰ বাটত হেঙাৰ হৈ থিয় দিয়াৰ সম্ভাৱনা
আছে। গতিকে
এই আইন কার্যকৰী কৰাৰ ক্ষেত্ৰত মোদী চৰকাৰ যে বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হ’ব লাগিব
ইয়াত সন্দেহৰ অৱকাশ নাই।
(জনসাধাৰণ-১০-০৭-১৬)
নিষিদ্ধ হ’ব
পাৰে জাকিৰ নায়েকৰ
ইছলামিক
ৰিচাৰ্চ ফাউণ্ডেশ্বন
বিতর্কিত ইছলামিক প্রবক্তা জাকিৰ নায়েক প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন(আই আৰ এফ)ৰ বিৰুদ্ধে ‘ফৰেইন কন্ট্রিবিউশ্বন
ৰেগুলেশ্বন এক্ট ২০১০ৰ অধীনত বিদেশী অনুদান আইন লংঘনৰ অভিযোগ অনা হৈছে। ভাৰতৰ
গৃহমন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনাইছে যে, কোনো এন জি ও বা প্ৰতিষ্ঠানৰ
পঞ্জীকৰণ স্থগিত বা বাতিল কৰাৰ আগতে এই ধৰণৰ জাননী জাৰী কৰা হয়। বিগত
মাহৰ ১ জুলাইত ঢাকাত সংঘটিত হোৱা সন্ত্রাসী আক্ৰমণৰ ঘটনাৰ লগত জড়িত সন্ত্রাসবাদীসকল
জাকির নায়েকৰ ভাষণ শুনি সন্ত্ৰাসবাদৰ প্ৰতি উদ্বুদ্ধ হৈছিল বুলি তথ্য প্রকাশ হোৱাৰ
পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে তদন্ত কমিটি গঠন কৰা হৈছে। ৮ আগষ্টতত
উক্ত তদন্ত কমিটিয়ে মহাৰাষ্ট্ৰ চৰকাৰক প্রতিবেদন দাখিল কৰিছে।
প্রতিবেদনৰপৰা বিতর্কিত ধর্মগুৰু জাকিৰ নায়েক সম্পর্কে জানিবপৰা গৈছে যে,
তেওঁ ডিগ্ৰীস্থিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাতা। ইয়াৰ
বাহিৰেও তেওঁৰ আন এটি এডুকেশ্বন ট্রাষ্ট আছে। জাকিৰ
নায়েকৰ আন চাৰিটা কোম্পানী থকাৰ কথাও মুম্বাই পুলিচৰ অনুসন্ধানত পোহৰলৈ আহিছে।
সেই কোম্পানী কেইটাৰ সঞ্চালক তেওঁৰ
পৰিয়ালৰ সদস্য। পুলিচৰ
অনুসন্ধানত পোহৰলৈ আহিছে যে, জাকিৰ নায়েকৰ লগত সম্পর্কিত
বেংক একাউণ্টত বিগত তিনি বছৰত ৬০ কোটি টকা জমা কৰা হৈছে। এই টকা
বেলেগ বেলেগ তিনিখন দেশৰপৰা আহিছে। নাম প্রকাশত
অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে, জাকিৰ নায়েকৰ পৰিয়ালৰ
পাঁচজন সদস্যৰ নামত এই টকা জমা কৰা হৈছে। পুলিচ
সূত্ৰৰ মতে এই লেনদেনৰ পৰীক্ষা কৰি থকা হৈছে। এগৰাকী
আৰক্ষী বিষয়াই জানিবলৈ দিছে যে, কি কাৰণত এই টকা জমা কৰা
হৈছে এতিয়ালৈকে তেওঁলোকে সেই তথ্য উদ্ঘাটন কৰিবপৰা নাই। বিষয়াজনে
এই কথাও স্পষ্ট কৰিছে যে, বেংকৰ পাছবুকবোৰ কোনো এন জি ওৰ লগত সম্পর্কিত নহয়,
সেয়া জাকিৰ নায়েকৰ নিজস্ব। এই বিষয়ে
‘আই আৰ এফ’ৰ
কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্বীৰ বাহিৰে বেলেগ সদস্যক জেৰা কৰা হোৱা নাই। আৰক্ষীয়ে
ইনকাম টেক্স বিভাগৰপৰা এই কোম্পানীকেইটাৰ বিশদ বিৱৰণ বিচাৰিছে। ‘কোম্পানীৰ ফাণ্ড ক’ৰপৰা আহে, ধৰ্ম
পৰিৱৰ্ত্তনৰ কাৰণে এইবোৰ কোম্পানীৰপৰা ফাইনেন্স কৰা হয় নেকি’ এই বিষয়ে সম্পূর্ণ তথ্য
জনাৰ পাছতহে পৰিয়ালৰ সদস্যসকলক জেৰা কৰা হ’ব।
বিগত মাহত কেৰালা আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে ‘আই আৰ এফ’ৰ
কৰ্মচাৰী আৰ্শিদ কুৰেশ্বীক গ্ৰেপ্তাৰ কৰিছিল। জেৰাৰ
সময়ত তেওঁ কৈছে যে, ধৰ্ম পৰিৱৰ্ত্তন কৰা লোকক এই আই আৰ এফৰ পৰা ফাইনেন্স কৰা
হয়। মুম্বাই
কংগ্ৰেছে মহাৰাষ্ট্ৰ চৰকাৰক বিতর্কিত ধর্মগুৰু জাকিৰ নায়েকৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা
গ্ৰহণ কৰাৰ বাবে আহ্বন জানাইছে। মহাৰাষ্ট্ৰৰ
মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডবীচে কৈছে যে, জাকির নায়েকৰ ভাষণ বিষাক্ত
আৰু তেওঁৰ ভাষণে দেশত সাম্প্রদায়িক হিংসা বিয়পাইছে। কংগ্ৰেছ
নেতা পি এন পুণিয়াই কৈছে, জাকিৰ নায়েকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে
তেওঁৰ বিৰুদ্ধে পোৱা সকলো তথ্য প্রকাশ আৰু ৰাজহুৱা কৰা উচিত। লগতে
সম্পূর্ণ বিচিক্ষণতা প্ৰয়োগ কৰি জাকিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।
জাকিৰ নায়েকৰ বিৰুদ্ধে পর্যাপ্ত সাক্ষ্য-প্রমাণ পালে
মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কংগ্ৰেছ
‘স্পোকপাৰ্চন’ প্রিয়ংকা চতুর্বেদীয়েও দাবী কৰিছে। তেওঁ
আৰু কৈছে, আমি দেখি আছো যে, জাকিৰ নায়েকৰ
ক্ষেত্ৰত গৃহ মন্ত্রণালয়ৰ তৰফৰপৰা ৰাজনীতি কৰি থকা হৈছে। এফালে
গৃহ মন্ত্রণালয়ে জাকিৰ নায়েকৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য পোৱা নাই বুলি কৈ আছে আৰু
আনফালে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য কৰি আছে। দেৱেন্দ্ৰ
ফাণ্ডাবীচে মংগলবাৰদিনা মিডিয়াৰ লগত কথা পতাৰ সময়ত কৈছে যে, জাকিৰ নায়েক যদি দেশলৈ প্ৰত্যাৱৰ্ত্তন নকৰে তেনেহ'লে
তেওঁৰ প্ৰত্যাৱৰ্ত্তনৰ বাবে দাবী জনোৱা হ’ব। সম্প্রতি
মুম্বাই আৰক্ষীয়ে আন আন অনুসন্ধান এজেঞ্চীৰ লগত একলগ হৈ জাকিৰ নায়েকৰ ফাউণ্ডেশ্বনে
লাভ কৰা অনুদানৰ টকা আৰু তেওঁৰদ্বাৰা পৰিচালিত এটি এন জি ওৰ অনুসন্ধান কৰি আছে।
জাকিৰ নায়েকৰ দ্বাৰা প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ কিছু টেলিগ্ৰাম
সন্ত্রাসবাদী সংগঠনৰ লগত সম্বন্ধিত বুলি দাবী কৰা হৈছে। মুম্বাইৰ
২৬/১১ৰ সন্ত্রাসী আক্ৰমণৰ ‘মাষ্টাৰ মাইণ্ড’
হাফিজ ছঈদৰ লগত জাকিৰ নায়েৰ ফাউণ্ডেশ্বনৰ সম্বন্ধ থকাৰ কথাও পোহৰলৈ আহিছে। ৮ আগষ্ট
মংগলবাৰে দাখিল কৰা প্ৰতিবেদনত মুম্বাই আৰক্ষীয়ে আই আৰ এফৰ সদস্যই মুম্বাইৰ এজন যুৱকক
আইএছআইএছত যোগদানৰ বাবে উদ্বুদ্ধ কৰিছিল বুলি প্ৰকাশ কৰিছে। মুম্বাই
আৰক্ষীৰ প্ৰতিবেদনত নিষিদ্ধ কে’বাটাও সংগঠনৰ লগত জাকিৰ নায়েকৰ সংগঠন আই আৰ এফৰ সম্বন্ধ
থকা বুলি পর্যাপ্ত সংকেত আছে। জামাত-উদ-দাৱাৰ ওৱেভচাইটত আই আৰ এফক ধাৰ্মিক শিক্ষাৰ কাৰণে
তালিকাভূক্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
জামাত-উদ-দাৱা সন্ত্রাসবাদী সংগঠন
লস্কৰ-ই-তৈবাৰ সহকাৰী প্ৰতিষ্ঠাপক হাফিজ
ছৈয়দে গঠন কৰিছিল। আই আৰ
এফে দক্ষিণ এচিয়াৰ একমাত্ৰ সংগঠন যাৰ নাম জামাত-উদ-দাৱাৰ ওৱেভচাইটত আছে। ৰাষ্ট্ৰ
সংঘই ২০১০ চনতে জামাত-উদ-দাৱাক সন্ত্রাসবাদী সংগঠন বুলি
ঘোষণা কৰিছিল।মুম্বাইৰ
আশ্বফাক আৰু কেৰালাৰ প্ৰায় ২০ জন যুৱকক আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই আৰ এফৰ
লগত সম্পর্কিত তিনিজন লোকক
ইতিমধ্যে শাস্তি
প্রদান কৰা হৈছে। আই আৰ
এফৰ গতিবিধিৰ ওপৰত তদন্ত কৰি মুম্বাই আৰক্ষীয়ে ৭১ পৃষ্ঠাৰ এখন প্রতিবেদন মহাৰাষ্ট্ৰ
চৰকাৰক দাখিল কৰিছে। প্রতিবেদনখনত
জাকিৰ নায়েকৰ ভাষণ নিষিদ্ধ কৰাৰ ভাবে চুপাৰিছ্ কৰা হৈছে। ক্ষীৰ
মতে জাকির নায়েক উত্তেজিত ভাষণ শুনি কে’বাজনো যুৱক সন্ত্রাসবাদৰ প্ৰতি আকৰ্ষিত হৈছে।
প্রতিবেদন অনুসৰি ৪০০-৫০০ জন মানুহৰ ধৰ্ম পৰিৱৰ্ত্তনৰ
আঁৰত জাকিৰ নায়েকৰ হাত আছিল। মুম্বাই
আৰক্ষীয়ে এই প্রতিবেদনখন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্ৰতিবেদনখনৰ
বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত যৌথভাবে আলোচনা কৰি জাকিৰ নায়েক আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে
কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
মংগলবাৰ দিনা প্রতিবেদনখন প্ৰকাশ হোৱাৰ পাছতে
জাকিৰ নায়েকৰ বিৰুদ্ধে অনা সকলো অভিযোগ আই আৰ এফৰ ফালৰপৰা নাকচ কৰা হৈছে।
ফাউণ্ডেশ্বনৰ ফালৰ পৰা দিয়া বিবৃতিত কোৱা হৈছে, ‘আই
আৰ এফে’ ইয়াকে ক’ব খোজে যে, সকলো অভিযোগ ভুল আৰু ভিত্তিহীন। জাকিৰ
নায়েকৰ পৰিয়ালে শান্তি আৰু সৌহৃদ্য অটুট ৰখাত বিশ্বাসী আৰু এয়া দহক ব্যাপী কৰি আহিছে।' বিদেশৰপৰা অহা অনুদানৰ কোনো অবৈধ লেন-দেন নহয়।
টকাবোৰ বগা টকা হিচাপে বেংক একাউণ্টলৈ আহে আৰু ইয়াৰ নথী (ৰেকৰ্ড)সমূহ যথাযথভাবে সংৰক্ষণ হয়। ইয়াৰ
সকলো ৰেকৰ্ড ইনকাম টেক্ট বিভাগে ২০১৫ চনলৈকে পৰীক্ষা কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ লগত যৌথভাবে আলোচনা কৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে জাকিৰ নায়েকৰ
বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। অনাগত দিনত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা
হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ধৰ্ম
পৰিৱৰ্ত্তন আৰু আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আৰ্শীদ কুশ্বেীক বিগত মাহত অনুসন্ধান
এজেঞ্চীয়ে গ্রেপ্তাৰ কৰাৰ পাছত ধৰ্ম পৰিৱৰ্ত্তনৰ ফাণ্ড আই আৰ এফৰ ফালৰপৰা প্ৰদান কৰা
হয় বুলি আৰ্শ্বিদ কুৰেশ্বীয়ে স্বীকাৰ কৰিছিল। মুম্বাই
আৰক্ষীৰ কমিচনাৰ দত্তাত্ৰয় পডচালগীকৰে মংগলবাৰে সংবাদ মাধ্যমক প্রতিবেদনৰ সবিশেষ দিবলৈ
অস্বীকাৰ কৰিছে। তেওঁ
কৈছে-‘আমি আইন বিশেষজ্ঞসকলৰ পৰা এই বিষয়ে পৰামৰ্শ ল'ম আৰু মুখ্যমন্ত্ৰীৰ আদেশৰ পাছত পৰৱৰ্ত্তী কাৰ্যব্যৱস্থা গ্রহণ কৰিম।' ৭১ পৃষ্ঠাৰ প্ৰতিবেদনত কোৱা হৈছে যে, জাকিৰৰ নায়েকৰ ভাষণে ধৰ্ম সম্বন্ধে মানুহৰ মূৰত পূৰ্বাগ্রহ সৃষ্টি কৰাৰ লগতে
ধাৰ্মিক সৌহৃদ্য বিনষ্ট আৰু গোড়ামী বিয়পোৱাত সহায় কৰে।
প্রতিবেদনখনৰ দুই নম্বৰ পৃষ্ঠাত ১০ টা পইণ্টৰ জৰিয়তে নিষ্কষ (ভূমিকা) লেখা হৈছে। মুম্বাই
আৰক্ষীয়ে জাকিৰ নায়েক আৰু তেওঁৰ সংস্থা আই আৰ এফৰপৰা ৩০ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে। সোমবাৰে
এই সন্দৰ্ভত জাননী জাৰী কৰা হৈছে। বিদেশী
অনুদানৰপৰা সংগ্ৰহ কৰা টকা ৰাজনৈতিক আৰু ধৰ্মীয় গোড়ামী বিয়পোৱাৰ কাৰণে ব্যৱহাৰ কৰা
বুলি চৰকাৰ আই আৰ এফৰ বিৰুদ্ধে অভিযোগ আনিছে। ইয়াৰ
আগতে ধৰ্ম পৰিৱৰ্ত্তন আৰু আইছিছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই আৰ এফৰ চাৰিজন কৰ্মচাৰীৰ
বিৰুদ্ধে নাগপাড়া পুলিচ ষ্টেচনত এফ আই আৰ দাখিল কৰা হৈছিল। এই চাৰিজনৰ
ভিতৰত আই আৰ এফৰ কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্ৰী আৰু ৰিজৱান শ্বেখৰ নাম উল্লেখযোগ্য। এওঁলোকৰ
বিৰুদ্ধে অভিযোগ অনা হৈছে যে, এওঁলোকে ২১ জন যুৱকক আইএছআইএছত
যোগদানৰ বাবে উৎসাহিত কৰিছিল। ইয়াৰে
এটা অভিযোগ কোলাৰপৰা নিৰুদ্দেশ হোৱা ২২ বছৰীয়া আশ্বফাক আব্দুল মজিদৰ পিতৃৰ অভিযোগৰ
ভিত্তিত দাখিল কৰা হৈছে। আশ্বফাকৰ
পিতৃয়ে আইএছআইএছত ভৰ্ত্তি হোৱাৰ বাবে তেওঁৰ পুতেকক উৎসাহিত কৰিছিল বুলি এওঁলোকৰ বিৰুদ্ধে
অভিযোগ আনিছে।
গতিকে জাকিৰ নায়েকৰ সংস্থা অনাগত দিনত নিষিদ্ধ
হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
(নৱ ভাৰত টাইম্স আৰু অন্যান্য উৎসৰপৰা সংগৃহীত।)
জনসাধাৰণ- ১৩-০৮-১৬
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন