বিশ্বত্ৰাস কৰ’ণা (কবিতা)
বিশ্বত্ৰাস কৰ’ণা
সূচীপত্র
সমাজিক-
মৃত্যু-
আলখাল্লা-
বিশ্বত্রাস কৰ’ণা-
ধর্ম-
প্রতিবন্ধী-
দ্বন্দ্ব-
আমি সেই মুছলমান-
যাযাৱৰ-
পুষ্পবৃষ্টি-
নৰৰূপী অসুৰ-
ঈদৰ দিনৰ পণ-
কৰ'ণা ভাইৰাছ-
এটি ছুনামীৰ প্ৰয়োজন-
পালিনেতা-
তেজ-
নিখিল-স্বামী-
মই জীৱিত, নে মৃত-
শয্যা-সংগী
বিবিধ কথা-
কা’-
মানুহ আজি অসহায়-
যুক্তি আৰু আবেগ-
বিদায়ী বৰ্ষলৈ শ্রদ্ধাঞ্জলি-
প্রেম-
নতুন ৰাজনৈতিক দল-
উন্নয়ন নামৰ ঘোঁৰাটো
স্বাধীনতাৰ অধিকাৰ-
ৰোমন্থন-
সৃষ্টি একেই স্ৰষ্টাৰ-
মই নমৰোঁ
সিহঁতে মোক জীয়াই থাকিব নিদিলে-
কি পালোঁ তোমাক পূজি
আমাক একতা লাগে
এটি ছুনামীৰ প্ৰয়োজন
চহা আৰু শ্ৰমিক
পৃথিবীখন অসহায়
আবেগ
নিশা
ইতিহাস
বাৰ্দ্ধক্য
দুখবোৰ মোৰ বুকুৰ আপোন
মোক প্ৰচাৰ লাগে
বাল্য বিবাহ
স্থৱিৰ হৈ থাকিবলৈ মন গৈছে
চলন্ত স্কেলিটন
দুৰ্ভগীয়া মই
গণতন্ত্ৰৰ পৰিভাষা
পৃথিবীখন বহু সলনি হল
চাকনৈয়া
অনুভৱ
অসহায় মই
গ্লাডিয়েটৰ
সমাজিক
কালি নিশা এটি সমাজিক দেখি হঠাৎ সাৰ পাই গ'লোঁ
জীৱনৰ ভুলৰ কিছু খতিয়ান
সমাজিকত দেখা পালোঁ।
আজি বাদে কালি কি হ’ব
তাৰে ঠিকনা নাই
পৰহিৰ চিন্তাত বিভোৰ হই আছোঁ
চকুত টোপনি নাই।
কোলাৰটো ধূলিত অনাদৰত পৰি
হৈছে নাগুৰ-নাগতি
পেটৰটোৰ চিন্তাত বিভোৰ হই
একাকাৰ কৰিছো দিন-ৰাতি ।
যাৰ তেজ মঙহ খাই ধৰিলো এই জীৱন
সেই মাকক অনাদৰত ৰাখি আত্মসুখত হৈছোঁ মগন ।
প্রতিবেশীৰ খবৰ লোৱাৰ বাবে নাই মোৰ আহৰি
দেশৰ চিন্তাত মচগুল মই ভোক পিয়াহ পাহৰি ৷
বাস্তৱত মোৰ নাই বিশ্বাস
আবেগত ফুৰিছোঁ উটি
মানুহৰ দুখত মানুহৰ শোকত
থাকোঁ চকু মুদি ।
মন্দিৰত পূজিছোঁ শালগ্রাম শিলা
মছজিদত ভজিছোঁ আল্লাহ
জনতা জনার্দন মৰিছে ভোকত
নাচাও সিহঁতক মাশাল্লাহ ।
এইবোৰ ভুলৰ খতিয়ান মোক
সমাজিকত দি গ'ল
ওৰেটো নিশা ইলুটি-সিলুটি কৰি
উজাগৰে পাৰ হ'ল৷৷
মৃত্যু
মৃত্যু মোৰ অতিকৈ প্রিয় সখা
মই ভাল নাপালেও
প্ৰতিটো পল অনুপল
লাগি থাকে মোৰ পাছত ছাঁৰ দৰে অতন্দ্ৰ প্ৰহৰী
হই।
মই জানো,
মই ফাঁকি দিলেও
মৃত্যুই মোক ফাঁকি নিদিয়ে কোনোদিন
1সময়মতে ওলাবহি মোৰ অন্তিম ক্ষণত। এতিয়াও মোৰ
কাষত আছে
উপভোগ কৰিছে প্ৰতিটো মুহূৰ্ত নীৰৱে । মৃত্যু
বহুৰূপী ভাৱৰীয়া
কেতিয়া কি ভাও লই আহে
ঠিক নাই
কেতিয়াবা আহে ৰোগ-ব্যাধি হই
কেতিয়াবা জৰা
কেতিয়াবা আকৌ আহে দুর্ঘটনা হই।
আত্মীয়-স্বজন বন্ধু-বান্ধৱে যেতিয়া
মোক শেষ বিদায় সম্ভাষণ জনাব
তেতিয়া মৃত্যুই হ’ব মোৰ অন্তিম সংগী
ইমান আপোন সুহৃদক মই
সদায় এৰাই চলিবলৈ চেষ্টা কৰোঁ
ইমান অকৃতজ্ঞ মই!!
আলখাল্লা
নিশাৰ ঘিটমিটীয়া আন্ধাৰৰ দৰে
আন্ধাৰে আছে আৱৰি
পোহৰ নাই ক’তো মাথোঁ আন্ধাৰ
নিস্তব্ধতাই আছে ছানি ।
মন্দিৰত বজা নাই শংখ ডবা
মছজিদত আজান ধ্বনি
অনভ্যস্ত এক ভয়াৱহ পৰিৱেশে
চৌদিশ ধৰিছে ছানি ।
বাহিৰলে’ ওলাবলৈও ভয় সৰ্বত্ৰ কৰ’ণাৰ দপদপনি
মোৰ উশাহে মোৰ স্পৰ্শই জানোচা হয় প্রাণ হানি !
উত্তৰ দক্ষিণ পূব পশ্চিম
সৰ্বত্ৰ কৰ’ণাৰ সন্ত্ৰাস
বিজ্ঞান প্রযুক্তি আজি অসহায়
ব্যর্থ সকলো প্রয়াস ।
লকডাউনে হ'ল একমাত্ৰ ভৰসা
ঘৰতে কাৰাবন্দী
বহুতৰ বাবে(আকৌ) গৌণ লকডাউন
হ'ল উৎসৱস্থলী।
ইয়াৰ মাজতে....
বতাহত ভাহিছে ভয়াৱহ শব্দ
ধৰ্মৰ গহনা পিন্ধি
মানৱতাহীন শব্দবোৰ শুনিলে
যায় কলিজা ভেদি ।
ভূতৰ ওপৰত দানহ পৰাদি
স্বাৰ্থৰ বোকোচাত উঠি
কৰ’ণা আহিল মোট সলাই
আচকন আলখাল্লা পিন্ধি ।।
বিশ্বত্রাস কৰ’ণা
কৰ'ণাৰ ভয়ত ত্রাসিত আজি
কঁপিছে সমগ্র বিশ্ব
যেন ঢেঁকুৰিছে বল্গাহীন
মহাকালৰ অশ্ব।
নামানে বিজ্ঞান নামানে প্রযুক্তি
নকৰে কালৈকো ভয়
ঢেঁকুৰিছে যেন যজ্ঞৰ ঘোঁৰা
কৰিবলে' বিশ্ব জয়।
স্বর্গ-মর্ত্য-পাতালত যাৰ
বাধাহীন বিচৰণ
ধ্বংসিব পাৰে বিশ্ব সাতবাৰ এট’ম কৰি বিস্ফোৰণ ।
সেই নৰকূল আজি অতি অসহায় কৰ’ণা ভয়ত কম্পমান
লকডাউনৰ মাজত বন্দী হই
কৰিছে মুক্তিৰ সন্ধান ৷
শক্তিধৰ আমেৰিকা তথ্য প্ৰযুক্তিত
নাই যাৰ তুলনা
যাৰ আঙুলি ঠাৰেই আইন
ৰঙা চকুই নিৰ্দেশনা ৷
সেই আমেৰিকাও আজি অসহায়
ভয়ত কম্পমান
শিশুৰ দৰে কঁপিছে ভয়ত
শুনি মহাকালৰ বিষাণ ।
তথ্য প্রযুক্তি সকলো অসাৰ
মৰিছে মানুহ লাখে লাখে
কাল ভৈৰৱীৰ প্ৰলয় নিচান
যেন উৰিছে দিশে দিশে।
কৰাল মৃত্যুৰ এই মাৰণ খেল
সিদিনাহে হ'ব বন্ধ
ভোগাসক্ত মানুহৰ প্ৰতি যিদিনা
(ৰুষ্ট)প্রকৃতি হ’ব তুষ্ট।
ধর্ম
ধৰ্মৰ নামত চলিছে বেহা
কিযে বীভৎসতা
ধৰ্মৰ আচল স্বৰূপ নুবুজি হত্যা কৰিছে মানৱতা।
স্বার্থসিদ্ধিৰ বেলা আটায়ে দেখোন
ধৰ্মক হাথিয়াৰ কৰে
স্বার্থসিদ্ধি হ'লেই দেখোন
ওলোটা খৰ মাৰে ৷
মুখত মাথোন ধৰ্মৰ বাণী
অন্তৰত শঠতা ছল
3মন্দিৰ মছজিদ ধুৰন্ধৰৰ বাবে আশ্রয়স্থলী হ'ল।
ধৰ্মৰ নামত চলিছে শোষণ
খেলিছে তেজৰ ফাকু শান্তিৰ নামত বৰ্বৰ হত্যা
ভাবিলেই কঁপে বুকু ।
ধার্মিক -অধার্মিক হ’ল একাকাৰ
ধৰ্মৰ গইনা পিন্ধি
ধৰ্মৰ নামত শাসন-শোষণ
কিযে দূৰভিসন্ধি।।
প্রতিবন্ধী
আন দহজন মানুহৰ দৰেই
আছে মোৰ অবিকল
নাক কাণ জিভা ছাল
কিন্তু অতিকৈ দুৰ্ভগীয়া মই
আটাইবোৰেই বিকল।
হাত দুখনত নাই কৰ্ণৰ আদৰ্শ
নুঠে কেতিয়াও দান অথবা
আশীৰ্বাদৰ বাবে।
মোৰ ভৰি দুখন আছে ঠিকেই
কিন্তু আগবাঢ়ি নাযায়
মানুহৰ বিপদে আপদে।
মোৰ দুখন কাণ আৰু
দুটা চকুও আছে
ভাল কথা ভাল মাত
নুশুনে কাণ দুখনে
চকু দুটা মুদ খাই থাকে
মানুহে সহায় বিচাৰিলে ।
মোৰ জিভা আৰু মগজুও পংগু
জিভাই নামাতে মাত
অন্যায়ৰ বিৰুদ্ধে
মগজুই চিন্তা নকৰে
মানৱতাৰ হকে ।
নিজৰ কল্যাণ লাভৰ বাবে
থাকোঁ সদা ব্যস্ত মই
পৰৰ কল্যাণ, লাভ দেখিলে
হিয়াত জ্বলে ঈৰ্ষাৰ জুই ।
সঁচাকৈয়ে মই বৰ পুতৌৰ পাত্ৰ
দুৰ্ভগীয়া প্ৰতিবন্ধী
মানৱতাৰ হকে মোৰ অৱদান
একেবাৰে নগণ্য অতি।।
দ্বন্দ্ব
আল্লাহ ঈশ্বৰ গড়ৰ দ্বন্দ্ব চলি আছে চিৰকাল
এই তিনিৰ পাল্লাত পৰি
জীৱকূল নাজেহাল ।
আল্লাহই কয়, মই নিৰাকাৰ
শ্বৰিক নকৰিবা কাকো
মছজিদত যদিও বিৰাজমান মই
সকলো জীৱতে আছো।
নামাজ ৰোজা হজ্ব জাকাত
আৰু চাৰি কলিমা
কোৰাণ হাদীছৰ মাজতে আছে
মোৰ আদৰ্শ মহিমা।
ঈশ্বৰে কয়, যত্ৰ জীৱ তত্ৰ শিৱ
সকলো জীৱতে পাবা
বিৰাজমান মই মন্দিৰ মঠত
বিভিন্ন ৰূপত পাবা ।
চাৰি বেদৰ মাজতে মোৰ
আদৰ্শ বিৰাজমান
কৰা কৰা পূজা পাদ্য অর্ঘ লই
বিচাৰিলে পৰিত্ৰাণ।
গড়ে কয়, পিতৃহীন যীশু
মোৰে মানস সন্তান
জীৱৰ কল্যাণ হেতু হে’ৰা
শুনা তাৰ আহ্বান ।
বাইবেলৰ মাজতে পাবা মোৰ
আদর্শ নীতি সুমহান
জীৱৰ মাজতে দিছো বিবেক বুদ্ধি
সাধিবলে' জীৱৰ কল্যাণ।
ইমান আদর্শ ইমান বিধান
কোনটো এৰি কোনটো ধৰোঁ
এই তিনিৰ পাল্লাত পৰি মই
মধুসূদন সোঁৱৰোঁ।
আমি সেই মুছলমান
আমি সেই মুছলমান
আমি সেই মুছলমান
জ্ঞান বিজ্ঞানৰ শীৰ্ষত যাৰ
আছিল অৱস্থান।
চৈধ্যশ বছৰ আগে
অজ্ঞানতাৰ অন্ধকূপে
নিমিজ্জিত আছিল যেতিয়া
এই বিশ্ব-জাহান,
তেতিয়া জ্ঞানৰ আলোক হাতে
আহিছিল ইছলাম ধৰাধামে
অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই
কৰিবলে' বিশ্ব প্রকাশমান ।
উমায়াদ আব্বাছীয়
শিল্প সংস্কৃতি যাৰ ঈৰ্ষনীয়
দখল কৰিছিল বিশ্বত শীর্ষস্থান।
অংকবিদ আলজাবা বিজলি
গঢ়িছিল বীজগণিতৰ ভেটি
সেই মুছলমান আজি লাঞ্ছিত
পদে পদে হৈছে অপমান ৷
আলীৰ হায়দৰী হাঁক হাঁক
নহয় যেন বজ্র নিনাদ
শুনিলে অতি পাষাণৰ বুকুও
ভয়ত হৈছিল কম্পমান,
জুলফিকাৰৰ চমৎকাৰ
বিজুলি সদৃশ গতি যাৰ
দিশে দিশে উৰুৱাইছিল
ইছলামৰ বিজয় নিচান ।
পৰকাল পৰকাল কৰি
মায়া নিদ্ৰাত পৰি
হেৰুৱাৰ উপক্ৰম হৈছে আজি
ইছলাম ইহকাল,
পৰকালৰ চিন্তা কৰা
ইহকালৰ কথাও ভাবা
চেষ্টা কৰা যুগৰ লগত
মিলাই চলিবলে' তাল ।
আত্মসমালোচনা কৰা
ভুল ক'ত সন্ধান কৰা
জ্ঞান চকু মেলি মুছলিম
হোৱা হুঁচিয়াৰ,
জ্ঞানৰ আলোক সম্বল কৰি
সাৱধানে পেলোৱা ভৰি
চকু মেলি চোৱা সন্মুখত
ভীষণ পাৰাবাৰ।।
যাযাৱৰ
যাযাৱৰ মই নিখিল বিশ্বৰ
মোৰ ভাল কথা ভাল মাতেও
দেখোন লগায় জগৰ ।
দিব পৰা নাই কাকো গঢ়ি
অট্টালিকা ধনৰ পাহাৰ
কেঁচুৰ দৰে খান্দিছোঁ মাটি
সেউজ কৰিবলে' মনৰ পথাৰ।
জানো, তিতা কথা হুটা মাতে
মনত আঘাত হানে
কাঁইটৰ বুকুতে দেখোন ফুলে
6গোলাপ সংগোপনে।
সত্য সদায় তিতা হয়
হজম কৰা টান
সত্য নাথাকিলেও দেখোন ধৰা
হই যাব থানবান।
পাপে-তাপে ভৰা এই পৃথিবীত
স্বার্থ বিনে নাই একো
স্বাৰ্থৰ বাবে মতলীয়া সকলো
খেলিছে তেজৰ ফাকু।
প্রয়োজন এজন পৰশুৰামৰ
যিয়ে হাতত কুঠাৰ লই
স্বার্থমুক্ত কৰিব পাৰে ধৰা
শান্তিৰ অগ্ৰদূত হই।।
পুষ্পবৃষ্টি
মই এজন প্রতিবন্ধী
এখন ভৰি পংগু
পলি’ও হৈছিল ল'ৰালিত ।
লাঠিত ভৰ দি লেঙেৰাই লেঙেৰাই কোনোমতে ফুৰোঁ
ৰাস্তাৰ কাষত বহি ভিক্ষা কৰোঁ ।
চৌদিশে কৰ’ণাৰ সন্ত্ৰাস
জীৱন আৰু মৃত্যুৰ সংগ্ৰাম ৷
ৰাস্তা-ঘাট জনশূন্য
থম্থমীয়া ভয়াৱহ পৰিৱেশ চৌদিশে।
ৰাস্তাত মানুহ নাই
ফলত ভিক্ষাও নাই
গৃহস্তৰ গেটত তলা লকডাউন যে!
তিনিদিন পেটত খুদকণ এটাও পৰা নাই
দিন পাৰ কৰিছোঁ নলীনাদৰ পানী নাই
দুদিন নৰ্দমালৈকো গৈছোঁ
পেলনীয়া কিবা পোৱাৰ আশাত
কিন্তু তাতো একো নাই
ভতুৱা কুকুৰ কেইটামান শুই আছিল
ভোকত কমলাই।
ভোকত ছটফটাই চকুমুদি বহি আছিলো
ৰাস্তাৰ দাঁতিত কিবা এটা পোৱাৰ আশাত...
হঠাৎ কাঁহীখন বাজি উঠিল থেপেৰ থেপেৰ
কোনোবাই কিবা খোৱাবস্তু দিছে বুলি
ভোক নিবাৰণৰ আশাত চকু মেলি চালোঁ
খাদ্য নহয়, কাঁহীখন
ফুলেৰে ভৰি থকা দেখিলোঁ।।
নৰৰূপী অসুৰ
কালি বন্ধু এজনে মোলৈ
এটা ভিডিও ফৰৱাৰ্ড কৰিছিল
মব-লিঞ্চিঙৰ ভিডিও।
ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক
গাঁৱৰ মানুহে যিয়ে যেনেকৈ পাৰে
কিল, ভুকু, লাথি, লাঠিৰে
প্ৰহাৰ কৰি আছিল নির্দয়ভাবে।
বৃদ্ধাৰ গগন ফলা চিঞৰৰ মাজতে
কাতৰ আবেদন- নামাৰিবি বোপাহঁত, নামাৰিবি
মাৰিলে মই মৰি যাম
মই কোনো অন্যায় কৰা নাই
যাদু-মন্ত্ৰ মানুহক মাৰিব পৰা মন্ত্ৰ মই
নাজানো
মই মানুহৰ ভালৰ কাৰণেহে বেজালি কৰোঁ ।
কোনে শুনে কাৰ কথা-
চলি থাকিল বিৰামহীন নির্দয় প্ৰহাৰ
লগে লগে এদল নৰপশুৰ পাশৱিক উল্লাস।
মোৰ ধাৰণা হ’ল-
মোৰ পিঠিতো যেন পৰিল সেই আঘাতৰ দুই-চাৰিটা ।
ভিডিওটো চাই মই ভাবুক হৈ পৰিলো-
যি নাৰীৰ তেজ মঙহৰে পৌৰষত্ব পাইছে
এই পাষণ্ডবোৰে
সেই নাৰীৰ ওপৰত
একৈছ শতিকাৰ সভ্যতাক ভেঙুচালি কৰা
পাশৱিক অত্যাচাৰ!
নাতি ল'ৰাটো কেতিয়া আহি পিছফালে ৰৈ
কেতিয়া ভিডিওটো চাই আছিল নাজানো
সি হঠাৎ কৈ উঠিল- ককা, এইবোৰ মানুহ,
নে গল্পৰ কিতাপত পঢ়া অসুৰ?
এৰা, এইবোৰ নৰৰূপী অসুৰ!।
ঈদৰ দিনৰ পণ
মিঞা এক ইতিহাস
সভ্যতাৰ ইতিহাস
মিঞাই নাঙলৰ ফালত সিঁচে
জীৱনৰ সুবাস ।
মিঞাৰ ঘামত ফুলে
শঁইচ পথাৰ ভৰি
মিঞাৰ শ্ৰমত ঘূৰে
সভ্যতাৰ চকৰি।
মিঞাক আজি স্বদেশতে
বিদেশী সজাই
কিমান যে আলাই-আথানি
সীমা সংখ্যা নাই।
মিঞা সভ্যতাৰ লাইখুঁটা
তেও কিয় অত লটিঘটি
কি ভুলত মিঞাৰ আজি
যায় জাতি-মাটি?
অন্ধবিশ্বাস কু-সংস্কাৰ অশিক্ষা
আৰু ধৰ্মীয় গোড়ামী
মিঞাৰ উন্নতিৰ বাটত দিছে
সুউচ্চ প্ৰাচীৰ গঢ়ি।
আজি এই ঈদৰ প্ৰাকক্ষণত
লওঁ আহা আমি পণ
শিক্ষাৰ আলোকেৰে পোহৰাই তুলোঁহক
এন্ধাৰে আৱৰা মন।
কৰ'ণা ভাইৰাছ
ছুনামী নামৰ শগুণটো উৰি আহি
শিমলুজোপাত বহাৰ পাছত
পূৰ্বৰে পৰা জুপুকা মাৰি বহি থকা
শতবৰ্ষ গৰকা শগুণটোৱে সুধিলে- বহুদিন দেখোন
দেখা নাই
ইমানদিন ক'ত আছিলি ?
আহাৰৰ সন্ধানত দিল্লীৰ সাহিনবাগলৈ গৈছিলোঁ।
কিয় ? বৃদ্ধৰ প্ৰশ্ন।
আমাৰ ইয়াত গৰু মৰিবলৈ নিদিয়াই হ'ল
মৰাৰ সময় হ'লেই হালাল কৰে
সেয়ে খাদ্যৰ সন্ধানত গৈছিলো সাহিনবাগলে’
তাত কা’ৰ বিৰোধিতাত অৱস্থান ধৰ্মঘট চলিছে ভা
বিলো, সিহঁতক শায়েস্তা কৰিবলৈ যদি গুলী চলে
এসাজ পেট পূৰাই খোৱাৰ সৌভাগ্য হ'ব পাৰে !
কিন্তু তাত গুলী নচলিল
উত্তৰ-পূব দিল্লীৰ কাৰবান নগৰ, মৌজপুৰ,
ভজনপুৰাত চলিল সাম্প্রদায়িক নৃশংসতাৰ তাণ্ডৱ
তাত অলেখ হতাহত হ’ল
কিন্তু পেটৰ ভোক নিবাৰণ নহ'ল
মৰাৰ লগে লগে হাস্পতাললৈ লৈ গ'ল ।
নলা-নৰ্দমাত দুই-চাৰিটা পৰি আছিল যদিও
কোনটো খাওঁ, কোনটো খাওঁ
গুণাগঁথা কৰি থাকোঁতেই
পুলিচ আহি মৃতদেহ উদ্ধাৰ কৰি লৈ গ'ল
পেটৰ ভোক নিবাৰণ নহ'ল।
বিফল মনোৰথ হৈ গ'লো চীনলৈ
চীনলৈ কিয় ? বৃদ্ধৰ পুনৰ প্ৰশ্ন ।
তাত বোলে কৰ’ণা ভাইৰাছৰ তাণ্ডৱ চলিছে!
কিন্তু তালৈ গৈও লাভ নহ'ল
ভবা ধৰণে মানুহ নমৰিল।
তাৰ পৰা জাপান, দক্ষিণ কোৰিয়া,
ফিলিপাইনছ হৈ অষ্ট্ৰেয়িলালৈ গ'লো,
কিন্তু তাতো তেনেকৈ মানুহ মৰা নেদেখিলোঁ
তাৰ পৰা ইৰাণ, ইৰাক লৈ গ'লোঁ।
তাতো
নিৰাশ হ’লো
।
তাৰ পৰা ইটালি, স্পেইন, নেদাৰলেণ্ড,
ছুইজাৰলেণ্ড, আৰ্জেণ্টিনা হৈ
আমেৰিকালৈ গ'লো
তাতো নিৰাশ হ’লো।
শেষত ভাৰতলৈ উৰা মাৰিলো
দিল্লীলৈ আহি খবৰ পালো
মাজুলিত হেনো ভাইৰাছ ধৰা পৰিছে
জিৰণি লৈ তালৈ যোৱাৰ কথা ভাবিছোঁ।
আৰে বুৰ্বক, তালৈ গৈও নিৰাশ হ'বি
আচলতে যিমান মাৰাত্মক বুলি প্ৰচাৰ চলিছে
মোৰ ধাৰণা, সিমান মাৰাত্মক নহয় এই ভাইৰাছ
মানুহ মৰণশীল, গতিকে মানুহ মৰিয়ে থাকিব
কৰ’ণাতকৈও এশ গুণ মানুহ মৰি আছে ভোকত
প্রতিদিনে একৈশ হাজাৰকৈ
এতিয়ালৈকে মানুহৰ কাৰণে ক্ষতিকাৰক
দুশ ঊনৈছবিধ ভাইৰাছ চিনাক্ত হৈছে
এই ভাইৰাছৰ আগৰ পৰাই প্ৰতি ছেকেণ্ডত
১.৮ জনকৈ মানুহ মৰি আছে
আমাৰ পেটৰ ভোক জানো গুচিছে?
এতিয়া এই কৰ’ণা ভাইৰাছ
ৰাজনীতিৰ হাথিয়াৰ হ'ব
ধৰ্মৰ ব্যৱসায়ীয়ে ধৰ্মৰ ব্যৱসায় কৰিব
পুঁজিপতিয়ে মাক্স, ঔষধ বনাই
কোটি কোটি টকা আর্জিব
আমাৰ দুখীয়াৰ পেট লঘোণেই থাকিব।।
পালিনেতা
মই এজন পালিনেতা
দালালি মোৰ পেচা ।
ফাঁকি-ফুকাৰে ছলনাৰে
ধন ঘটা মোৰ নিচা ।
ল'ৰালিত অৱশ্যে মোৰ কোনো
লক্ষ্য, উদ্দেশ্য বা নিচা নাছিল-
হিংসা-বিদ্বেষ-শঠতা-ছলনায়ো
মনত ঠাই পোৱা নাছিল ।
ৰাতিপুৱা কাজিয়া কৰা সমনীয়াৰ লগত
আবেলি খেলিছিলো একেটা দলত ।
ল'ৰালিত দেউতাই স্কুলত
নাম ভৰ্তি কৰি দিছিল
কিন্তু লিখা-পঢ়াৰ প্ৰতি মোৰ
মুঠেই ধাউতি নাছিল।
ইংৰাজী গ্ৰামাৰ, অংক দেখিলে
চক্ৰাকাৰে মূৰ ঘূৰিছিল
গাধা ছাত্ৰ বুলিলে আটায়ে
মোকে চিনি পাইছিল।
মিছা কথা, ফাঁকি, নকলে শেষত
হৈ পৰিছিল মোৰ পেচা
বাচিবলে' দেউতাৰ গালি আৰু
শিক্ষকৰ চেকনিৰ পৰা।
নকলকে হাথিয়াৰ কৰি
স্কুলৰ দেওনা পাৰ হৈ
কলেজ পালোঁ
কোনোমতে স্নাতক হ'লো।
ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোন
কলিতেই মৰহি গৈছিল
শিক্ষক বা চকিদাৰ হোৱাৰ
যোগ্যতাও মোৰ নাছিল।
সেয়ে জীৱিকাৰ তাড়নাত
ৰাজনীতিত প্ৰৱেশ কৰিলোঁ
ফাঁকি-ফুকা ছলনাৰে ধন ঘটি
পালিনেতা হিচাপে পৰিচিত হ'লো।
যদি সোধে, কাৰ কাৰ টকা মাৰি খাইছোঁ,
কি কি কৰিছে কওঁক ?
মই ক’ম- কাৰ টকা মাৰি খোৱা নাই
কি কৰা নাই, তাকে সোধক ৷
বৃদ্ধ পেন্সন চৰকাৰী গৃহৰ নামত
টকা উলিয়াই খাইছোঁ
বিধৱা, ভিক্ষাৰীৰ জোলোঙাৰ পৰা।
ঠিকা-ঠুকলি, বদলি,
থানাৰ দালালিতো নাছিলো পিছপৰা ।
মাটি নেপেলোৱাকৈ ৰাস্তাৰ টকা
উলিয়াই খাইছোঁ বহুবাৰ
চাকৰিৰ নামত মোৰ যহত
নিঃস্ব হৈছে বহু বেকাৰ ।
এতিয়া মই নিজেই নিঃস্ব হোৱাৰ বাটত
মৃত্যুৰ বজ্ৰ হুংকাৰ বাজিছে কাণত ৷
কেইদিনমান আগতে কেঞ্চাৰ ধৰা পৰিছে
লাষ্টষ্টেজ চলিছে বুলি ডাক্তৰে সমিধান দিছে।
তেনেহ'লে ফাকি-ফুকা ছলনাৰে
ধন আৰ্জিলো কাৰ বাবে ?
যাব লাগিব দেখোন ছেকেন্দাৰৰ দৰে
নিঃস্ব-ৰিক্ত খালী হাতে!!
তেজ
ৰাজপথত ৰঙা ৰং দেখি
নাতি ল'ৰাটোৱে সুধিলে-
হোলী আহিল নেকি, ককা ?
এয়া হোলীৰ আবিৰৰ ৰং নহয়, সোণ
এয়া তেজৰ চেকা।
ইয়াত দানৱৰ তাণ্ডৱ চলিছিল
দুদিনমান আগত।
দানৱৰ অট্টহাঁহিত ৰজন্জনাই গৈছিল চৌদিশ
বৈ গৈছিল তেজৰ নৈ।
কাৰ তেজ, ককা ?
হিন্দু-মুছলমানৰ তেজ।
কোনবোৰ তেজ হিন্দুৰ
আৰু কোনবোৰ মুছলমানৰ তেজ, ককা ?
নাতি ল'ৰাটোৰ প্ৰশ্ন ।
তেজ নিঃসৰণৰ পাছত
হিন্দু মুছলমনাৰ তেজ হৈ নাথাকে
সকলো একাকাৰ হৈ
মানুহৰ তেজ হয়, সোণ ।
ভয় নকৰিবা,
বোকাত যেনেকৈ পদুম ফুলে
তেনেকৈয়ে তেজৰ নৈত সাঁতুৰি
উদয় হয় স্বাধীনতাৰ সূৰ্য
প্রতিষ্ঠা হয় শান্তি-সম্প্রীতি
যেনেকৈ,স্বাধীন হৈছে আমাৰ ভাৰতবৰ্ষ
কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত
অন্যায়ক প্রতিহত কৰি
প্রতিষ্ঠা হৈছিল শান্তি ।।
নিখিল-স্বামী
ডুবি মৰিব বিচাৰোঁ মই
তোমাৰ ৰূপ সাগৰত
যাৰ বাবে নিখিল বিশ্ব
যুগে যুগে অপেক্ষাৰত ।
তোমাৰ ৰূপৰ মহিমা প্রকট
মৃদু-মন্দ মলয়াৰ আঁচলত
ফুলৰ সৌৰভ শিশুৰ হাঁহি
নিজৰাৰ কুলু কুলু গীতত।
বিজুলি চমক সূৰ্যৰ তাপত
তোমাৰ উগ্ৰ ৰূপৰ ধাৰা
ধুমুহা ঝঞ্জা গাজনি দেখি
ভয়ত হওঁ দিশাহাৰা।
খণ্ডৰ মাজত অখণ্ড ৰূপত
সৰ্বত্ৰ তুমি বিৰাজমান
সৃষ্টি-স্থিতি লয়ৰ ধাৰা
ৰাখিছা তুমি প্রবাহমান ।
নিখিল বিশ্বৰ যত চৰাচৰ
তুমি সকলোৰে স্বামী
সকলো জীৱতে তুমি বিৰাজমান
হে অনাদি অনন্ত অন্তর্যামী।।
মই জীৱিত, নে মৃত
মই জীৱিত, নে মৃত
বহু সময়ত থিৰাং কৰাই টান হৈ পৰে।
ভোক লাগিলে পেটত জুই জ্বলে
সেই জুই নুমাবলে’যেতিয়া
কুকুৰ স'তে সংগ্রাম কৰোঁ
তেতিয়াহে মই জীয়াই আছোঁ বুলি
অনুমান কৰিব পাৰোঁ ।
জাৰত ঠেৰেঙা লাগিলে
কঁপি কঁপি যেতিয়া কুকুৰৰ স'তে
মিতিৰালি কৰি শোও
মোৰ উৰ্বৰা ঘামত গঢ় লৈ উঠা
অট্টালিকাৰ নিয়ন লাইটৰ পোহৰে যেতিয়া
চকুত ছাট মাৰি ধৰে
তেতিয়াহে গাত চেতনা জাগে
জীয়াই আছো বুলি ভাবিবলৈ বাধ্য হওঁ।
যেতিয়া মই আনৰ সুৰত
সুৰ মিলাই কথা কওঁ
আবেগ-অনুভূতিক ভৰিৰে মোহাৰিলেও
প্ৰতিবাদৰ ভাষা বিচাৰি নাপাওঁ
তেতিয়া মই নিজক মৃত বুলি
ভাবিবলৈ বাধ্য হওঁ।
চৰুৱা পমুৱা বাংলাদেশী
মিঞা, গেদা, অভিবাসী
আদি শব্দই যেতিয়া শেলৰ দৰে
কলিজা থকা-সৰকা কৰে
‘উঃ’ শব্দটো উচ্চাৰণ কৰিবলে' যেতিয়া
আনৰ মুখলৈ চাব লগা হওঁ
তেতিয়া মই নিজক মৃত বুলি
ভাবিবলৈ বাধ্য হওঁ।
নিজৰ আইক আই বোলাৰ অধিকাৰ
জন্মস্বত্ব সংবিধান প্রদত্ত অধিকাৰ
সেই অধিকাৰ কাঢ়ি নিব খুজিলেও
যেতিয়া আনৰ ভাষাত প্রতিবাদ কৰিব লগা হওঁ
তেতিয়াহে মই নিজক মৃত বুলি
ভাবিবলৈ বাধ্য হওঁ ৷
শয্যা-সংগী
শয্যাৰ লগৰী প্ৰিয়া মোৰ
সুখৰ আঁকৰ
তোমাৰ বুকুত মূৰ থৈ শুলে
পাহৰোঁ ভাগৰ ৷
তোমাৰ বুকুত প্ৰিয়া
কিযে মায়া ভৰা
সমস্ত সুখৰ যেন
তুমি ৰহগৰা ৷
জন্মাৱধি প্ৰিয়া তোমাৰ বুকুত
ৰাখিছা মোক ধৰি
মাতৃ স্নেহে আলফুলে
হে শয্যা লগৰী।
বিচৰা নাই কোনোদিন তুমি
কোনো প্রতিদান
তুমি বিহীন শয্যা মোৰ
কণ্টক সমান।।
বিবিধ কথা
শাকেৰে মাছ ঢাকিব নোৱাৰি
সঁচাৰে মিছা
বাজনাৰে গোন্ধ ৷
মজদুৰিৰে ধনী হ'ব নোৱাৰি
মজদুৰ খটুৱাইহে ধনী হ'ব পাৰি
ধৰ্মেৰে মহাকাশত যাব নোৱাৰি
প্রযুক্তিৰেহে মহাকাশলৈ যাব পাৰি।
হিন্দু আৰু মুছলমান ভাগ কৰি
দেশ সমৃদ্ধ কৰিব নোৱাৰি
সমন্বয়ৰেহে সমৃদ্ধ কৰিব পাৰি ।
শক্তি প্রয়োগেৰে পৰাজয়হে কৰিব পাৰি
জয় কৰিব নোৱাৰি।
ঐক্যৰে সেঁতু গঢ়িব পাৰি
হিংসাৰে ধ্বংসহে কৰিব পাৰি ৷
অসুৰৰ মূলধন শক্তি
সুৰৰ মূলধন ঐক্য।
‘কা’
ইবাৰ ভোগালীৰ আখল নিস্তেজ
ফাগুনৰ পলাশৰ ৰং ধূসৰ
বহাগৰ ফুলৰ হাঁহি নাই
পেঁপা গগণাৰ সুৰ কৰুণ
সকলোতে যেন ‘কা’ হাঁতোৰা
আৰু ‘কা’ বিৰোধী আন্দোলনৰ
তেজৰ চেঁকুৰা।
মানুহ আজি অসহা
স্ৰষ্টাৰ শ্ৰেষ্ঠ মানুহ আজি
খুবেই অসহায়
স্বার্থান্বেষীৰ স্বাৰ্থৰ মায়াজালত পৰি
মানসিকভাবে মৃতপ্রায় ।
কোনটো ঠিক কোনটো বেঠিক
তাৰ সন্ধান বিচাৰি
স্ৰষ্টাৰ শ্ৰেষ্ঠ মানুহে আজি
খাইছে হাবাথুৰি ।
কোন সিহঁত ?
স্ৰষ্টাৰ সৃষ্টিত হানিছে কুঠাৰ
অহৰহ গুঁঠিছে স্বাৰ্থৰ জাল
হৰিবলে’ মানুহৰ অধিকাৰ ?
হেৰৌ’ মূৰ্খহঁত থাকিবিনে
তহঁত জীয়াই চিৰকাল ?
যাৰ বাবে ভ্রাতৃঘাতী সংঘর্ষ
ইমান তাল-ফাল?
এই প্রশ্ন মোৰ নহয়, প্রশ্ন সৌ মহান স্ৰষ্টাৰ
যাৰ আঙুলি নিৰ্দেশত চলে
এই বিশ্ব সংসাৰ।
মোৰ আবেদন-
পৰশুৰাম যদি জীয়াই আছা আকাশত
নামি আহা উল্কা বেগত
যদি জীয়াই আছা পাতালত
উঠি আহা প্রলয় বেগত
নিৰ্মূল কৰা অধমহঁতক
যিসকলে সৃষ্টিৰ বুকুত চলায়
ধ্বংসৰ ষ্টীমৰোলাৰ
অসুৰৰ বেশত।।
যুক্তি আৰু আবেগ
সৌ আকাশৰ জোনটো
একমাত্ৰ অন্ধৰ বাহিৰে আটাইৰে
দৃষ্টিগোচৰ হয় ৷
কিন্তু তাত পদাৰ্পণ কৰাৰ সামৰ্থ
আর্মষ্ট্ৰংৰ দৰে মানুহৰহে হয় ৷
চন্দ্ৰলৈ যোৱাৰ যোগ্যতা
কথাৰ ফুলজাৰি অথবা
নহয় মিছা প্ৰতিশ্ৰুতি
তালৈ যোৱাৰ যোগ্যতা
শাৰীৰিক সক্ষমতা আৰু মানসিক প্রস্তুতি।
ফেঁচাৰ কুৰুলিত সংগীতৰ মূৰ্চ্ছনা
নহয় অনুভূত
নিশাৰ প্রশান্তি মনৰ শান্তিহে
কৰে বিঘ্নিত।
ধর্মই আমাক ভাবিবলৈ শিকায়
বিজ্ঞানে শিকায় যুক্তি
বিজ্ঞান অবিহনে সকলো অসাৰ
নাই জীৱৰ মুক্তি।।
বিদায়ী বৰ্ষলৈ শ্ৰদ্ধাঞ্জলি
তুমি আহিছিলা এবুকু সপোন লই
গুচি গ'লা বোৱাই চকুলোৰে নই ।
তোমাৰ চকুৰ আগতে
সপোনবোৰ গ'ল থানাবান হই
আকাশলংঘী মূল্যবৃদ্ধিৰ জুয়ে
পুৰি ছাই কৰিলে আখলৰ জুই।
বিধ্বস্ত অর্থনীতি
ধৰ্ম নামৰ অক্টোপাছৰ হাঁতোৰাত
বন্দী ৰাজনীতি।
‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ
ৰাষ্ট্ৰসন্ত্ৰাসৰ টিঘিল্ ঘিলনি
গুলীৱিদ্ধ ছহিদৰ তেজেৰে
ৰাঙলি ৰাজআলি।
পুত্ৰহাৰা মাতৃৰ কৰুণ বিননি
বিদায়, বিদায় হে বিদায়ী বর্ষ
চকুলোৰেই যাচিলোঁ
তোমাক শ্রদ্ধাঞ্জলি।
প্ৰেম
হাটে-বজাৰে চহৰে-নগৰে
প্রেম বেচিবলে' ঢাপলি ফুৰিলোঁ
কিন্তু ক্রেতা নাপালোঁ
মাথোঁ ছলনা প্ৰতাৰণাহে পালোঁ।
মোৰ হতাশা দেখি
সিদিনা সৌ গছৰ তলত
জুপুকা মাৰি বহি থকা বৃদ্ধই ক’লে-
আৰে বুৰ্বক, তাহানিৰ ৰামো নাই
অযোধ্যাও নাই........
আজি-কালি প্ৰেমৰ বিনিময়ত প্ৰেম
কোনেও নিকিনে।
প্রেম-প্রীতি-ঐতিহ্য-মানৱতা
বিক্ৰী হয় টাবৰ ফুলৰ দৰে
ফুটপাত পার্ক হোটেল ৰেষ্টোৰাঁত।
তাতো চর্ত আছে-
বহু তলাতলৰ প্ৰেম বহু তলাতলে কিনে
নিঃকিনৰ প্ৰেম নিঃকিনে কিনে।
মহাজনৰ খাতাত যাৰ মোটা অংক
উৰুখা পঁজাত জোনটিয়ে হাঁহে
বেৰৰ ফাঁকেৰে সমীৰ আহি
আলফুলে চুমে
সিহঁতৰ প্ৰেম কোনেও নিকিনে।
সিহঁতৰ প্ৰেম মাথোঁ বিনিময় হয়
দৰিদ্ৰতা আৰু নৰ্দমাৰ কুকুৰৰ স'তে।।
নতুন ৰাজনৈতিক দল
মই এটি দল কৰিম
ৰাজনৈতিক দল
মানুহৰ সমস্যা সমাধানৰ বাবে।
মোৰ দলে মানুহক মানুহ হিচাপে
জীয়াই থকাৰ অধিকাৰ দিব
ভেদা-ভেদ নাথাকিব
জাতি-বৰ্ণ-ভাষা-ধৰ্মৰ নামত ।
মোৰ দলে গুৰুত্ব দিব
শিক্ষা-স্বাস্থ্য, ৰাস্তা-ঘাটৰ ক্ষেত্ৰত।
এক কথাত ক'বলৈ গ'লে-
শান্তিৰ ৰামৰাজ্য গঢ়ি তুলিম
ৰাস্তা-ঘাটত ধৰ্ষিতা নহ’ব
জীয়ৰী-বোৱাৰী
ধৰ্মৰ নামত বৰ্ণৰ নামত
মানুহক মৰিয়াই মাৰা নহ'ব
ৰাস্তা-ঘাটত।
চাকৰিৰ নামত কামৰ বিনিময়ত
ঘোচ লোৱা নচলিব
অর্থাৎ শূন্য সহনশীলতা থাকিব
দুৰ্নীতিৰ বিৰুদ্ধে ।
কিন্তু মোৰ চুবুৰীৰ ল'ৰাজন
মানুহে যাক বুদ্ধিজীৱী বুলি ভাবে
(অৱশ্যে মই নাভাবো)
সি মোৰ দল কৰাৰ বিৰুদ্ধে ।
কাৰণ স্পষ্ট, সি মোৰ বিৰুদ্ধে
হিংসা পোষণ কৰে ৷
হিংসাৰ কাৰণ——
মই চাকৰি নকৰাকৈয়ে
বাড়ী-গাড়ীৰ মালিক
চাইকেল, বাইকত নুঠো
চাৰি চকীয়া লৈ ফুৰোঁ ।
মোৰ যোগ্যতা কি ?
প্রশ্ন উঠিবই পাৰে-
মই উচ্চাভিলাসী
মেল-মিটিঙত ভাল বক্তৃতা দিব পাৰোঁ
প্ৰয়োজনত মিছা প্ৰতিশ্ৰুতিও দিব পাৰোঁ ।
ৰাজনৈতিক নেতাৰতো
এইবোৰ গুণ থকা দৰ্কাৰ
নে কি কয় আপোনালোকে?
মোৰ এইবোৰ গুণকে দোষ ধৰি
সি মানুহক বুজায়-
কি হ’ব দল কৰি?
ইয়াৰ আগতেও আমাৰ দেশত দল হৈছে
সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে;
কিন্তু সমস্যা সমাধান হোৱা নাই একোৱে
মাথোন জটিলতা বাঢ়িছে
যিয়ে লংকালৈ গৈছে
সিয়ে ৰাৱণ হৈছে
নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিছে।
আগতে মানুহ হোৱা
মানুহক ভাল পাবলৈ শিকা
ৰাজৰাজ্য এনেয়ে গঢ়ি উঠিব।
এনেকুৱা কথাই সি বুজায় মানুহক ।
কওঁকচোন, এতিয়া মই
হিংসুকটোক কি কৰোঁ ??
উন্নয়ন নামৰ ঘোঁৰাটো
পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ দৰে অবিৰাম
অবিৰত নিজস্ব গতিত।
পুৱাৰ নিয়ঁৰ ফালি সূৰ্যটো আহে উঠি
বোকোচাত লৈ নতুন দিনৰ প্ৰতিশ্ৰুতি
প্রতিদিন প্রতিনিয়ত।
গ্রহ নক্ষত্ৰ ঘূৰিছে নিজ কক্ষত
প্ৰকৃতিৰ অমোঘ নিয়ম মানি
মন্দিৰত বাজিছে ঘণ্টা শংখ
মছজিদত আজান ধ্বনি
নাই ক’তো কোনো হানি-বিঘিনি ।
জন্মজয়ন্তী মৃত্যু তিথি
নমামী গংগা ব্রহ্মপুত্র উৎসৱ
পালিত হৈছে মহাড়ম্বৰে
য'ত যেনেকৈ সম্ভৱ ৷
ধৰ্ণা হৰতাল অনশন কৰ্মবিৰতি
উন্নয়নৰ নামত চলিছে কত কি
চলিছে হত্যা ধর্ষণ মব-লিঞ্চিং
আকাশলংঘী মূল্যবৃদ্ধি ।
চৰকাৰী প্ৰতিশ্ৰুতি আশ্বাস প্রলোভন
চলিছে নিয়ম অনুসৰি
মাথোন উন্নয়ন নামৰ ঘোঁৰাটো
আছে ঠেং ভাঙি পৰি ৷৷
স্বাধীনতাৰ অধিকাৰ!
স্বাধীন দেশৰ নাগৰিক মই
স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ
স্বাধীন মত প্রকাশ স্বাধীন চিন্তাৰ।
সূর্য পশ্চিম ফালে উদয় হয়
পূব ফালে মাৰ যায়
মাটি ফুটি মানুহ গজে
মানুহৰ পেট ফুটি
গছ-লতা ওপজে
এই পৃথিবী একমাত্ৰ মোৰ
একমাত্ৰ মোৰহে আছে
জীয়াই থকাৰ অধিকাৰ ৷
জন্মভূমিক ভালপোৱাৰ অধিকাৰো
একমাত্ৰ মোৰ
বেলেগে ভালপোৱা বুলি ক'লে
সি হ'ব দেশৰ শত্ৰু ঘোৰ ।
যেহেতু মই স্বাধীন
গতিকে মই যি ইচ্ছা তাকে ক’ম
বেলেগে ক’লে দেশদ্রোহী সজাম
ৰাজনীতি, সমাজনীতি, অর্থনীতি
সকলো আমাৰ হাতত
সংখ্যাৰ বলত।
নকৰোঁ কেৰেপ কাকো।
মানুহে মোক দাম্ভিক
অমানুহ বুলি ভাবিব, ভাবক
মোক পগলা চেৰাবলিয়া বুলি
উপলুঙা কৰিব, কৰক
মোৰ আপত্তি নাই।
মই জানো, সিহঁতৰ মাথোঁ
ভবাৰে অধিকাৰ আছে,
কৰাৰ অধিকাৰ নাই
কাৰণ সিহঁতৰ হাতত
সংখ্যাৰ বল নাই।।
ৰোমন্থন
সৌৱা সৌখিনিতে আছিল মোৰ
মৰমৰ গাঁৱখন
সেইখন গাঁৱতে আছিল মোৰ
হেঁপাহৰ ঘৰখন।
ল'ৰাটোৰ সেয়া কিযে বিস্ময়!
শুনি মোৰ কথা
চকু বিস্ফাৰিত কৰি চালে মোৰ ফালে
দেউতাই কয় কিযে যা-তা !
তাত দেখোঁ মাথোঁ পানী বালিচৰ
নাও জাহাজ চলে
তাত বোলে আছিল গাঁও
কোনোদিন কোনোকালে !
নহয় সোণ, বিস্মিত নহ’বা
যি ক’লো সকলো সঁচা
সেইবোৰ স্মৃতি সুঁৱৰিলে আজিও
উথলি উঠে হতাশা।
সৌখিনিতে আছিল মোৰ আইতাৰ কবৰ
য'ত এতিয়া মাথোঁ ধূ ধূ বালিচৰ
সৌৱা দেখিছনে সৌ চাক্নৈয়াটো
তাতেই আছিল মোৰ ককাৰ কবৰ ।
নৈৰ তাণ্ডৱত উটি গৈছে
শৈশৱৰ সপোন ভালপোৱা
ল'ৰালিৰ বন্ধু কোন ক'ত আছে
এতিয়া উম-ঘাম নাইকীয়া ।
সেইবোৰ স্মৃতি সুঁৱৰিলে আজি
হিয়া উথলি উঠে
মোৰ নামৰ পাছৰ বাংলাদেশীৰ ৰহস্যও
কিছু লুকাই আছে তাতে।।
সৃষ্টি একেই স্ৰষ্টাৰ
মোল্লাহ পুৰোহিত ভিক্ষু ফাদাৰ
একেই দেহ একেই তেজ
সৃষ্টি একেই স্ৰষ্টাৰ
একেই নাওৰ যাত্ৰী
একেই পাৰাবাৰ ।
ব্যৱধান ক’ত? উপাসনাত !
মন্দিৰত পূজে তেত্রিশ কোটি দেৱতা
গীৰ্জাত গড়ৰ জয়গান
মছজিদত বিচাৰে নিৰাকাৰ আল্লাহ
মঠত বহি বৌদ্ধ ভিক্ষুই
কৰে মুক্তিৰ সন্ধান!
মুছলমানৰ খাদ্য হিন্দুৰ অস্পৃশ্য
কাপোৰতো বাচ-বিচাৰ
খ্ৰীষ্টানৰ খাদ্য বৌদ্ধৰ অভক্ষ্য
ভিন্ন বহুবিধ আচাৰ
এয়া কাৰ সৃষ্টি? স্ৰষ্টাৰ, নে সৃষ্ট জীৱৰ ?
মনত প্ৰশ্ন ভুমুকি মাৰে বাৰম্বাৰ
আছেনে এই প্ৰশ্নৰ উত্তৰ
ওচৰত কাৰোবাৰ??”
মই নমৰোঁ
মই নমৰোঁ
বান্ধি আহিছো ভগবানৰ ঘৰ
আগতে অৱশ্যে মোৰ
এই ধাৰণা নাছিল
হৈছে কিছুদিনৰ পৰা
মন্ত্ৰী হোৱাৰ পাছৰ পৰা ৷
মই নমৰোঁ
সেয়ে মোৰ সকলো লাগে
স্বর্ণকাৰৰ দৰে মাৰ নাকৰ সোণ
ভায়েকৰ মূৰ ভাঙি
দেশৰ মানুহ মাৰি
প্রয়োজনত দেশ বিক্ৰী কৰি হ'লেও
মোক ক্ষমতা আৰু টকা লাগে।
মানুহে কি ক’ব
মানুহৰ কি হ'ব
সেই চিন্তা মই নকৰোঁ।
কাৰণ ক্ষমতা থাকিলে
বাঘৰ চকুও মিলে।
মানুহে চালা, অমানুহ যি কয়
কই থাকক মই পৰোৱা নকৰোঁ ।
ল'ৰালিত শুনিছিলো,
টকাই ভগবান, ধর্ম-কর্ম সকলো।
আগতে পাছবুকেই নাছিল
এতিয়া নামে, বেনামে বহু পাছবুক
এনেকি বনকৰা ছোৱালীজনীৰ নামতো
পাছবুক খুলিছোঁ।
বাড়ী-গাড়ী সকলো আছে মোৰ
দিল্লীত তলাতল অট্টালিকা মুম্বাইত ফ্লেট
এতিয়া আমেৰিকাত
ফ্ল্যাট কিনাৰ তালত আছোঁ।
কাৰণ মই নমৰোঁ।।
সিহঁতে মোক জীয়াই
থাকিবলৈ নিদিলে
মই কি দোষ কৰিছিলো, মা?
যাৰ বাবে সিহঁতে মোক
জীয়াই থাকিব নিদিলে?
মোৰ সম্ভ্রম আশা-আকাংক্ষা
অকালতে কাঢ়ি নিলে।
ৰাখী বন্ধনত ভ্ৰাতৃয়ে লয়
ভগ্নীক ৰক্ষাৰ পণ
সেই ভ্ৰাতৃয়েই পশুৰ ৰূপত
কৰিলে সম্ভ্রম হৰণ
সিহঁত দেখিবলৈতো আছিল ঠিক
ভ্ৰাতৃৰ দৰে অবিকল
কেনেকৈ জানিম সিহঁতে কৰিব
এনেকুৱা কপট ছল ।
মই কি দোষ কৰিছিলো, মা?
মইতো ঘৰলৈ আছিলো উভতি
কৰ্মক্ষেত্ৰৰ পৰা কৰ্তব্য সামৰি
অৱশ্যে কিছু ৰাতি হৈছিল
এয়াই জানো মোৰ অপৰাধ আছিল ?
নিজৰ সমাজ, নিজৰ দেশে
মোৰ লগত আদিম বন্য
আচৰণ কৰিলে
মোক জীয়াই থাকিব নিদিলে।
এয়া মানুহৰ সমাজ, নে জংঘল ?
জংঘলতো হয়তো পশুবোৰে ইমান
নিৰাপত্তাহীনতাত নুভোগে
জীৱশ্ৰেষ্ঠ মানুহৰ সমাজত
যিমান নাৰীয়ে ভোগে।
মা, যেতিয়া দেখিলোঁ,
মোৰ বাচাৰ উপায় নাই
তেতিয়া তোমাৰ কথা, দেউতাৰ কথা
ভাই-ভনী, ওচৰ-চুৰীয়াৰ কথা
সমাজ, দেশৰ কথা
খুব মনত পৰিছিল, মা ।
কিন্তু কোনেও মোক ৰক্ষা নকৰিলে ।
শেষ অৱলম্বন আছিল ভগবান
ভগবানেও কৰিলে নিৰাশ
কাতৰ প্ৰাৰ্থনা অনুনয় বিনয়ে
টলাব নোৱাৰিলে (তাঁৰ) মন
অৰণ্যৰোদনত পৰিণত হ’ল
সকলো আবেদন নিবেদন।
ল'ৰালিৰে পৰা শুনি আহিছোঁ
ভগবান হেনো মহাশক্তিমান
অসুৰৰ ভয়ত শক্তিধৰ ভগবানো
হয়তো হৈছিল ত্রস্তমান—
ইমানেই হিংস্ৰ বৰ্বৰ আছিল
অসুৰৰ আস্ফালন ।
মই ইমানেই অপৰাধী আছিলোঁনে
যে ভগবানেও মোক ৰক্ষা নকৰিলে?
দেশৰ ওচৰত, সমাজৰ ওচৰত
মোৰ কাতৰ নিবেদন
মোৰ দৰে কোনো নাৰীয়ে যাতে
সহিব নালাগে নির্যাতন।
সমাজখন এনেকৈ গঢ়ি তোলক
দেশত এনেকুৱা আইন কৰক
যাতে নাৰীয়ে মানুহ হিচাপে
জীয়াই থাকিব পাৰে
মানুহৰ সমাজত সন্মান সহকাৰে।।
(হায়দাবাদ কাণ্ডত নিহত কৃষ্ণা ৰেড্ডীৰ
সোঁৱৰণত)
কি পালোঁ তোমাক পুজি
কি পালোঁ তোমাক পূজি
পদে পদে বঞ্চনাৰ পাহাৰ
তেজেধোৱা ৰাজপথ
মোৰ বিশ্বাসৰ পাঁজৰত বাৰম্বাৰ
কৰিছা তুমি পদাঘাত।
ইৰাক ছিৰিয়া পেলেষ্টাইন লিবিয়াত
মুহুর্মুহুঃ দানৱৰ হুংকাৰ
অতি পাষাণৰো কঁপে হৃদয়
কৰে ভয়ৰ সঞ্চাৰ।
মিয়ানমাৰত খেলিছে তেজৰ হোলী
কাঢ়িছে নিষ্পাপ প্রাণ
নিষ্পাপ শিশুৰ আৰ্তনাদ শুনিও
কঁপা নাই তোমাৰ প্ৰাণ ৷
শক্তিমান তুমি বিশ্ব-পালক
তোমাৰ ইচাৰাত জগত চলে
গছৰ পাতো নসৰে হেনো
তোমাৰ আদেশ নহ'লে ৷
গছৰ পাতত শিলৰ বুকুত
আঁকিছা তোমাৰ নাম
উত্থান-পতনৰ নায়ক তুমি প্র
ণামে বিশ্বধাম।
আব্ৰাহাৰে তুমি কৰিছা যিদৰে
ধূলি ভুচি সদৃশ
তেনেকৈ কৰা ধূলিস্যাৎ তুমি
অত্যাচাৰী অনাচাৰীক ৷
প্ৰকাশা তোমাৰ মহিমা প্ৰভু
দেখুৱা শক্তি কামাল
অসুৰ নাশৰ বাজোৱা ডংকা
অনাচাৰীক কৰা পয়মাল।।
এটি ছুনামীৰ প্ৰয়োজন
নির্দয় পৃথিবীত দেখোন চৌদিশে হিংস্রতা
প্ৰেম ভালপোৱাৰ আঁৰতো প্ৰচ্ছন্ন
স্বার্থ কৃত্রিমতা।
ভ্ৰাতৃ-ভগ্নীৰ অকৃত্রিম প্রেম
তাতো নাই ভৰসা
স্বার্থ ব্যাঘাত হ'লেই দেখোন
জাগি উঠে জিঘাংসা ।
বন্ধুবিহীন জীৱন হেনো
মৰুভূমিৰ দৰে
স্বাৰ্থত আঘাত হ’লেই দেখোন
বন্ধুৱে পিঠিত লাথি মাৰে ।
ধৰ্মৰ নামত চলিছে বেহা
নাই মানৱতা
মিছা ভাষণৰ ফুলজাৰিৰে
নেতাই ঠগি আছে জনতা।
শাসক আজি মানৱতাহীন
উন্নয়নৰ চিন্তা এৰি
ধর্ম ভাষাত বিভেদ কৰি
আছে গাদী ৰক্ষা কৰি ৷
প্রয়োজন এতিয়া এটি ছুনামীৰ
সমগ্র বিশ্বব্যাপী
যিয়ে ঢৌৱাই নিব পাৰে
সকলো কলুষ কালি ।।
আমাক একতা লাগে
ইচ্ছা জাগে,
সমাজখনক ভাঙি মুচৰি
নতুন কৰি বনাও
হাতুৰি বটালি খন্তি কুঠাৰ
জনবল সকলোতো আছে
তেনেহ'লে নোৱাৰিম কিয় ?
হয়, এটা বস্তুৰ অভাৱ আছে
সেয়া হ'ল একতা।
আমাৰ মাজত একতা নাই
আটায়ে নিজক লৈ ব্যস্ত।
আদর্শ আছে আদর্শবান নাই
ধৰ্ম আছে মানৱতা নাই ।
মানৱতাবিহীন ধৰ্ম !
সেয়া আকৌ কি বস্তু ?
ধৰ্ম মানেইতো মানৱতা
কিন্তু ধৰ্মৰ নামত সম্প্রতি
চলিছে বৰ্বৰতা।
জাত-পাত--এইবোৰ কাৰ সৃষ্টি ?
জাত-পাতৰ দোহাই দি
বিভেদ সৃষ্টি কৰি
ককায়েকৰ বিৰুদ্ধে ভায়েকক উচটাই
শাসকে আছে শোষণ কৰি।
এইবোৰ কথা কেতিয়া বুজিবা ?
মৃত্যুৰ পাছত??
তেতিয়া বুজি লাভ নহ'ব
যদি জীয়াই থাকোঁতে নুবুজা ।
ছাল বাকলি গ'লেও
এতিয়াও দেহত প্ৰাণ আছে
জাত-পাত ধৰ্ম পাহৰি
মানুহ হিচাপে এক হই
আহা বিভেদ শোষণহীন
নতুন সমাজ গঢ়োঁ।
চহা আৰু শ্ৰমিক
চহা বুলি মূৰ্খ ভাবি
ৰাখিছা দুৰত ঠেলি
চহাৰে নাঙলৰ ফালত তহঁতৰ অন্ন
মিলে কলমৰ কালি।
খালী গা খালী ভৰি
পিন্ধনত লেংটি গামোছা
তেলহীন ঠৰঙা চুলি
দেখিলেই কৰা অৱজ্ঞা।
শ্রমিক ভাবি ফালৰি কাটা
ঘামৰ গন্ধ বুলি
পিচঢালা সৌ ৰাস্তাটো তহঁতে
কাৰ জহত পালি।
চিয়াৰত তহঁতে ভৰি দোলাই
আমাক মাটিত দিয়া আসন
আমাৰে স্পৰ্শত প্ৰাণ পাই উঠে
তহঁতৰ আসন কোশন।
মূল্যহীন যিসকল তহঁতৰ ভাষাত
উঠিব যিদিনা জ্বলি
তহঁতৰ আৰাম আয়াস বাবুগিৰি
হ'ব ধূলিত মিহলি।।
পৃথিবীখন অসহায়
পৃথিবীখন আজি খুবেই অসহায়
মানসিক ৰোগত আক্রান্ত
মানৱতা আজি বিধ্বস্ত
—তুমিও জীয়াই থাকা
আনকো জীয়াই থাকিবলৈ দিয়া'
এতিয়া কিতাপৰ প্ৰবচন ।
হিটলাৰ মৰিলেও তেওঁৰ আদৰ্শ
আজিও জীয়াই আছে
আপোনাৰ মোৰ দৰে বহুতো
ক্ষমতালোভীৰ মাজত ।
তেওঁৰ না্তচি বাহিনীৰ এতিয়া
নতুন সংস্কৰণ হৈছে
মৰেল পুলিচৰ ৰূপত গজি
পুলি-পোখা মেলিছে।
যুদ্ধক্ষেত্ৰত নহয়
সিহঁতৰ তাণ্ডৱ চলে এতিয়া
অলিয়ে গলিয়ে, ৰাস্তা-ঘাটত।
ইহুদিৰ নামত এতিয়া নৰসংহাৰ নচলে
নৰসংহাৰ চলে ধৰ্মৰ নামত
জাত-পাত অধিকাৰৰ নামত
অভিজিৎ, নীলোৎপল. দেবেন দত্ত,
আখলাক তবৰ্জেহঁত আজি অসহায়
সেয়ে এতিয়া এক ছুনামীৰ প্ৰয়োজন
যিয়ে ধুই নিকা কৰিব পাৰে
কলুষ-কালিমা অজ্ঞানতাৰ আৱৰ্জনা
এখন নতুন পৃথিবী গঢ়াৰ প্ৰতিশ্ৰুতিৰে।।
আবেগ
ধৰ্ম সম্প্ৰতি উঠিছে ৰাজপথে
মন্দিৰ মছজিদ গীর্জা এৰি
সেয়েতো ইমান বাঢ়িছে ব্যৱধান
ৰাজপথত চলিছে মৰা-মৰি।
মোল্লাহ পুৰোহিত ভিক্ষু ফাদাৰ
আজি ধৰ্মৰ ঠিকাদাৰ
ধৰ্মৰ নামত খুলি বহিছে
ৰমৰমীয়া কাৰবাৰ ৷
সিংহবোৰ আজি চিকাৰীৰ ভয়ত
আছে গুহাত ঢুকি
সেয়ে শিয়ালে আজি নিদিয়ে হুয়া
থাকে কুকুৰৰ দৰে ভুকি ।
তথ্যত আজি নাইচোন বিশ্বাস
নিজৰ মতে অংক কৰে
আইন আদালত শিকাত তুলি
আবেগৰ স্ৰোতত ভাহে।
সকলো মানুহ স্ৰষ্টাৰ সৃষ্টি
জন্মিছে দুহাত লই
নিজৰ শ্ৰমত পেট পূৰায়
নাখায় কাঢ়ি লই।।
কিয় আজি জাত-ধৰ্মৰ নামত
ইমান হিংসা বিদ্বেষ
এজনে আনজনক মাৰি
কৰিব খোজে নিঃশেষ??
নিশা
নিশা কিমান গভীৰ হ'লে
দুপৰ নিশা হয় মই নাজানো
মই জানো--
আন্ধাৰ ঘণীভূত হ'লে দুপৰ নিশা হয়
তেতিয়া দিশে দিশে বস্ত্ৰ হৰণৰ তাণ্ডৱ চলে
চলে দ্রৌপদীৰ বস্ত্ৰ হৰণৰ আখড়া
হিংস্র বাঘ হায়েনা আন্ধাৰৰ
সুযোগ লই চিকাৰৰ সন্ধানত
পিয়াপি দি ফুৰে
চৌদিশে বিৰাজ কৰে শ্বাসৰুদ্ধকৰ পৰিৱেশ
কেতিয়া কাৰ জীৱনলৈ সংশয় নামি আহে
ঠিকনা নাথাকে ৷
নিমাখিত হৰিণা নীল গাইবোৰে
উশাহ বন্ধ কৰি ৰ’ই থাকে
পোহৰৰ অপেক্ষাত
কাৰণ আন্ধাৰে পোহৰলৈ ভয় কৰে।।
ইতিহাস
ইতিহাস !
তুমি চেঁকুৰিছা
সৃষ্টিৰ পাতনিৰ পৰা
দুৰ্বাৰ বিৰামহীন গতিত অবিৰাম
থমকি ৰোৱা নাই কেতিয়াও
পল দণ্ড অনুপলৰ বাবে কোনোদিন।
তোমাৰ বুকুত থূপ খাই আছে
লিখিত কিম্বা অলিখিত অলেখ
ঘটনা পৰিঘটনা
যাৰ সমীকৰণ বিদগ্ধ অংকশাস্ত্রবিদেও
কৰা নহয় সম্ভৱ ।
হিটলাৰৰ ধ্বংসযজ্ঞ
মুচোলিনৰ লিখনিতো
শুনিছো, তোমাৰ হ্রেষাধ্বনি
আকাশ-বতাহ অন্তৰীক্ষতো দেখিছোঁ
তোমাৰ খুৰাৰ আঁচোৰ
তুমি এদিন যাক আলফুলে
পিঠিত তুলি লৈছা
তাকেই আকৌ ধ্বংসৰ অতল তলিলৈ
নির্দয়ভাবে ঠেলি দিছা
তোমাৰ বিজয় ৰথৰ চকাত
নিষ্পেষিত হৈছে
বহু আশা বহু আকাংক্ষা যুগে যুগে।
তুমি অপ্ৰতিৰোধ্য দুৰ্বাৰ তথাপিও
তোমাৰ গতি সিদিনা থৰক-বৰক হয়
যিদিনা কর্মযজ্ঞত নিবেদিত প্রাণ
অন্যায়ৰ বলি হয়।
বাৰ্দ্ধক্য
কিযে হ’ল হায় !
একো দেখোন ঠিক নাই--
চকুযুৰি জলক-তবক
ভৰিয়ে নামানে শাসন
কাণো দেখোন গধুৰ গধুৰ
ছালবোৰো শোটোৰা-শোটোৰ
দাঁতবোৰ সোলোক-ঢোলোক
চুলি যেন বগলি পাখি
শুভ্র প্রলেপ সানি
স্মৃতিয়েও দেখোন আজি-কালি
কৰে বেইমানী
ইয়ে নেকি বাৰু মোৰ
সিপাৰলৈ যোৱাৰ জাননী !!
দুখবোৰ মোৰ
বুকুৰ আপোন
দুখবোৰ মোৰ বুকুৰ আপোন
সাঁচি থৈছো সযতনে
লাগি থাকে ছাঁৰ দৰে
মোৰ আগে-পিছে
অনভিপ্রেতভাবে সংগোপনে।
সুখবোৰ মোৰ বুকুৰ শতৰু
বিষাদ একাৱলী
প্ৰতাৰণা কৰে বাৰে বাৰে
মৰিচিকাৰ দৰে।।
মোক প্ৰচাৰ লাগে
মোক প্ৰচাৰ লাগে
মোক মাথোঁ প্ৰচাৰ লাগে
মই কি কৰিছোঁ সেয়া কিয় লাগে?
মইতো আপোনলোকৰে
আপোনালোকৰ লগতে আছোঁ।
আপোনলোকৰ হকে
মেল-মিটিঙত ভাল ভাল কথা কওঁ
বাল্যবিবাহ, যৌতুক, অন্ধবিশ্বাস
সামাজিক ব্যাধি
টেবুল চপৰিয়াই সজোৰে কওঁ ।
তথাপিও মই কি কৰিছো সেয়া
কিয় লাগে আপোনালোকক?
নথি থাকোঁতে ‘ডি’ ভোটকৰণ
এনআৰচিত নামকর্তন
এইবোৰ ৰাজনৈতিক চাল
এইবোৰত মোক নটনাই ভাল ।
বিদেশী ঘোষণা কৰিছে?
হাইকোর্ট কৰক
তাত ন্যায় নাপালে চুপ্রিমকোর্টলৈ যাওঁক।
ডিগ্রী আছে, চাকৰি লাগে?
ৰাকেশ পালৰ দৰে মানুহৰ
তালৈ যাওঁক ।
মই কথাহে ক'ব জানো
প্ৰতিকাৰ আপোনালোকৰ হাতত।
মোক মাথোঁ প্ৰচাৰ লাগে
মই কি কৰিছোঁ সেয়া কিয় লাগে??
বাল্য বিবাহ
গেদীৰ মুখৰ ফালে চালে
কলিজাটো ছ্যাৎ কৰি উঠে।
কি আছিল আৰু কি হ'ল !
শৰীৰত হাড়কেইডালৰ বাহিৰে একো নাই।
দোষটো মোৰেই গেদীৰ এই অৱস্থাৰ বাবে।
গেদীও বিয়া বহিব খোজা নাছিল
আৰু গেদাও নিষেধ কৰিছিল-
মাথোন ক্লাছ এইটত পঢ়ে
এতিয়াই বিয়া দিব খোজা !
এওঁৰতো এতিয়া লিখা-পঢ়াৰ সময়
ছাগলী চৰোৱাৰ বয়স।
চৈধ্য গৈ পোন্ধৰত পৰিল
এতিয়াও বিয়াৰ বয়স হোৱা নাই?
আৰে, বয়স হ’লে
শৰীৰৰ চিকুণতা গুচি যাব
যি দিন-কাল পৰিছে
কেতিয়া কি হয় ক'ব নোৱাৰি
তেতিয়া মান-সন্মান যাব।
বিয়া দিলোঁ
পাছৰ বছৰেই ককা হ’লো
ইয়াৰ পাছত এটাৰ পাছত আন এটা
তিনিটা সন্তান ৷
গেদীৰ স্বাস্থ্য ভাঙি গ’ল
শৰীৰৰ চিকুণতা গ’ল
মাথোন হাড়কেইডাল অৱশিষ্ট ৰ’ল।
এতিয়া শুনিছোঁ, চালাৰ পো জোঁৱাই
সি বোলে বাহিৰত মুখ মাৰে
গেদীক পছন্দ নকৰে
ভাত-কাপোৰ নিদিয়ে
গেদী ভগ্ন স্বাস্থ্য লই এতিয়া
লোকৰ ঘৰত বাচন মাজে
কাপোৰ ধুয়ে।
ইমান আদৰৰ গেদী মোৰ
এইবোৰ দেখি জানো সহ্য হয় ?
কিন্তু উপায় নাই
মই নিজেই তো মাৰি পেলাইছো
কম বয়সত বিয়া দি
এতিয়া গেদীৰ মাকে কান্দে
গেদীৰ অৱস্থা দেখি।
কওঁকচোন এতিয়া কি কৰোঁ !
কটা মুণ্ড এতিয়া জোৰা লগাও কিদৰে? –
স্থৱিৰ হৈ থাকিবলৈ
স্থৱিৰ হৈ থাকিবলৈ মন গৈছে
সময়বোৰ দু-সহ লাগিছে
তথাপি উত্তৰণৰ প্ৰয়াস নাই
স্থৱিৰ হৈ থাকিবলৈ মন গৈছে
জানোচা কিবা ক'লেই জগৰ লাগে !
নীলোৎপল, অভিজিতহঁতৰ দৰে
সোপাধৰাৰ সন্দেহত পৰাৰ ভয়।
মই নিজে কবি নহ'লেও কবিতা ভাল পাওঁ।
ভালপাওঁ ৰবীন্দ্ৰনাথ, নজৰুলক
নিজে চিত্রশিল্পী নহ'লেও চিত্র ভাল পাওঁ
ভাল পাও মকবুল ফিদা, লিওনার্ড দ্যা ভিঞ্চি
ক্লাউড মনেটৰ দৰে চিত্ৰশিল্পীক।
সেয়ে চুলিকোচা অলপ দীঘলকৈ ৰাখিছোঁ
তথাপি আছে ‘ডি’ ভোটাৰ এআৰচিৰ নামত
বিদেশী কেচত পৰা ভয় ৷
নলগা জেঙত লগাৰ ভয়ো কম নহয়
কাৰ বিৰুদ্ধে কেতিয়া কি কৈ পেলাওঁ!
বাক স্বাধীনতা হেনো জন্মস্বত্ব অধিকাৰ!
তথাপিও সঁচা কথা ক'লে যদি
কাৰোবাৰ গাত লাগে
সেয়ে স্থৱিৰ হৈ থাকিবলৈ মন গৈছে।।”
চলন্ত স্কেলিটন
সিহঁত আগবাঢ়িছে
ফুটপাতৰ ওপৰেৰে
দলে-বলে নহয়, এজন দুজনকৈ--
সিহঁতৰ ভৰিবোৰ খালী
খোজবোৰ ঢলং-ঢপং--অসংলগ্ন
চকুত আকুতি ভৰা নিষ্প্রভ দৃষ্টি
ওঁঠত মৌন ভাষা- পেটত ভোকৰ যাতনা ।
সিহঁতক দেখি ফিয়েটত উঠি অহা
ল'ৰাটোৱে সুধিলে- দেউতা, এইবোৰ ভূত নেকি ?
নহয়, ভূত নহয়, মানুহে- দেউতাকে ক’লে।
মানুহ, নে স্কেলিটন- এইদৰে সুধিয়ে
ল'ৰাটোৱে মন্তব্য কৰিলে-
ডাক্তৰৰ চেম্বাৰত ওলোমাই ৰখা
স্কেলিটনৰ দৰে দেখিবলৈ
একেই দেখোন ইহঁত।
স্কেলিটন হ'লেও এওঁলোক নিষ্প্রাণ নহয়- জীৱন্ত
ক'ব পাৰা চলন্ত স্কেলিটন........
দেউতাকে আৰু কিবা কোৱাৰ আগতেই
ওচৰতে ৰৈ থকা বৃদ্ধজনে ক'লে-
এওঁলোকৰো সপোন আছিল
আকাংক্ষা আছিল
জোনাক নিশা পাটীত বহি
আইতাকৰ মুখত সাধু শুনিছিল
ভোগালীত খলাত ভজা পিঠা খাইছিল
ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিল
কিন্তু, এদল স্বার্থান্ধৰ লালসাৰ বলি হৈ
এওঁলোক আজি ফুটপাতৰ বাসিন্দা
চলন্ত স্কেলিটন।।
দুৰ্ভগীয়া মই
সিহঁতে মোৰ বাবে গাঁত খান্দিছে
মাথোন মোৰ বাবে
মই সিহঁতৰ লগতে আছোঁ
চিৰদিন থকাৰ বাবেও প্রতিজ্ঞাৱদ্ধ
মোৰ পথপ্ৰদৰ্শকৰ ভূমিকাত সিহঁতক
মই পাব বিচাৰোঁ
কিন্তু সিহঁত বাৰে বাৰে অৱতীৰ্ণ হৈছে
জল্লাদৰ ভূমিকাত ৷
সিহঁতে যেতিয়া মোৰ বাবে গাঁত খান্দে
তেতিয়া মই জবাই কৰিবলৈ অনা
ছাগলীজনীৰ দৰে চাই থাকো
সিহঁতৰ মুখলে’।
সিহঁতে মোৰ পৰা কি বিচাৰে ?
ভাষা-সংস্কৃতি সকলো দিছোঁ
অধিকাৰ দাবী কৰা নাই কোনোদিন
কাৰণ মই জানো মই দুৰ্বল নিশকতীয়া
দেহৰ বল থাকিলেও
মগজু মোৰ খুবেই দুর্বল।
বাহুত অৱশ্যে বল আছে
নাঙলৰ মুঠি ধৰিব পাৰোঁ শক্তহাতে
বজ্ৰমুঠিত ধৰিব পাৰো হাতুৰি বটালি
কিন্তু কলম ধৰাৰ শক্তি মোৰ মুঠেই নাই
সেয়ে সকলো থাকোঁতেও মই দুৰ্ভগীয়া !
এষাৰ কথা আছে, পৰৰ বাবে গাঁত খান্দিলে
সেই গাঁতত হেনো এদিন নিজেই পৰে
সেই বিশ্বাসতে সিহঁতৰ মুখলে' চাই থাকোঁ
যেতিয়া সিহঁতে মোৰ বাবে গাঁত খান্দে।
গণতন্ত্ৰৰ পৰিভাষা
আৰে, কি আচৰিত !
হঠাৎ দেখোন মই চৰাই-চিৰিকটিৰ কথা
বুজিব পৰা হ'লো ৷
কথাটো বুজাই কওঁ শুনক-
গোমা বতৰ
আনদিনাতকৈ গৰম কিছু বেছি
গাটো শাঁত পৰক বুলি
এজোপা গছৰ তলত আছিলো বহি।
হঠাৎ দুটা চৰাই উৰি আহি
গছজোপাত বহিল।
সিহঁতে নিজৰ ভাষাত ভাব বিনিময়
কৰিবলৈ ধৰিলে।
সিহঁতৰ কথাৰ পৰা বুজিব পাৰিলোঁ--
এটা আমেৰিকাৰ নিউইয়র্ক
আনটো ভাৰতৰ দিল্লীৰ ।
আমেৰিকাৰ চৰাইটোৱে ক'লে-
আমাৰ আমেৰিকাত বৰ্তমান
খুবেই স্বাসৰুদ্ধকৰ পৰিৱেশ।
ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প বর্তমান
সপৰিয়ালে বাংকাৰত আশ্ৰয় লৈছে।
কিন্তু কিয়? ভাৰতৰ চৰাইটোৱে সুধিলে।
পুলিচ কাষ্ট’ডিত সিদিনা
এজন কৃষ্ণাংগৰ মৃত্যু হৈছে
গণবিদ্রোহ হোৱাৰ ভয়ত
ৰাষ্ট্ৰপতি ট্রাম্পে বাংকাৰত আশ্ৰয় লৈছে।
আমেৰিকাৰ মানুহে গণতন্ত্ৰৰ পৰিভাষাই নুবুজে।
গণতন্ত্ৰত এনেকুৱা ঘটনা হ’বই পাৰে!
আমাৰ ইয়াত দলিত জিতেন্দ্র অভিষেক
মুছলিম আখলাক তবজেহঁতৰ হত্যাৰ
পাছত দেখোন জনগণ মৌন হৈ থাকে।
আৰু নেতাবোৰে তদন্তৰ নিৰ্দেশ দিয়ে
বুকু ফিন্দাই ফুৰে ।
সামান্য এজন কৃষ্ণাংগ হত্যাৰ পাছত
ইমান ভয় কৰিব লগা কি আছে?
আচলতে সিহঁত গণতন্ত্ৰৰ যোগ্যই নহয়
গণতন্ত্ৰৰ পৰিভাষাই নুবুজে
আমেৰিকানসকলে ....
চৰাই দুটাই হয়তো আৰু কিবা ক’লেহেঁতেন
কিন্তু মোৰ উপস্থিতিৰ গম পাই উৰা মাৰিলে ।
ময়ো সাৰ পাই গ’লো লগে লগে।
(আমেৰিকাত পুলিচ কাষ্ট’ডিত মৃত্যু হোৱা জৰ্জ ফ্লয়ডৰ সোঁৱৰণত)
পৃথিবীখন বহু
সলনি হ'ল
পৃথিবীখন বহু সলনি হ'ল
প্ৰস্তৰ গুহাৰ যুগৰ পৰা
ডিজিটেল যুগলৈ উত্তৰণ হ'ল।
সলনি হ'ল বহু ধ্যান-ধাৰণা
উৎসৱ-পাৰ্বণত লগে-ভাগে
খোৱাৰ প্ৰৱণতা ।
মানুহৰ বাবে মানুহ
তুমি নিজে জীয়া আনকো জীৱলৈ দিয়া
এই প্ৰৱণতা অতীত হ’ল
ধৰ্মনিৰপেক্ষতা, সাম্য-মৈত্রী
সমানতা মানৱতা নামৰ শব্দবোৰে
এতিয়া অভিধানৰ পাত শুৱনি কৰে।
ধৰ্ম এতিয়া চোৰ বদমাচৰ আশ্রয়স্থলী
মানুহক আভুৱা-ভাঁৰাৰ হাথিয়াৰ হ'ল।
হত্যা-ধর্ষণ, গো-মাতা, নোটবন্দী
ইভটিজিং ইজিমানি নমামি
জেহাদী, সন্ত্রাসী. গেদা, বাংলাদেশী
কাহানিও নুশুনা নতুন শব্দ হ’ল আমদানি।
সেৱাৰ মনোভাৱ অন্তর্হিত হ’ল
ৰাজনীতি, সমাজনীতি, ধর্মনীতি
ভাষণ, উৎসৱ সৰ্বস্ব ব্যৱসায়ৰ মূলধন হ'ল ।
পৃথিবীখন বহু সলনি হ'ল
গুহাৰ যুগৰ পৰা ডিজিটেল যুগলৈ
উত্তৰণ হ'ল।।
চাকনৈয়া
ধৰ্মৰ চাকনৈয়াত পৰি
দেশ গ'ল ৰসাতলে
উল্টি গ'ল বিধি বিধান
স্বাৰ্থৰ মায়াজালে।
একেই স্ৰষ্টাৰ একেই সৃষ্টি
একেই বাটৰ যাত্ৰী
একেই বতাহ একেই আকাশ
একেই আনন্দ আবেগ প্রকাশ
একেই মাটিত জীৱন-মৰণ
একেই মাটিৰ ৰস চয়ন
একেই মাটিত হ’ম লীন
ধৰ্মৰ নামত বিভেদ কৰি
মাৰিছে কুঠাৰ বাগি
একতাৰ মৰ্মমূলে।।
জাত-পাত,ধৰ্ম, আচাৰ
মানৱ সৃষ্ট নহয় স্ৰষ্টাৰ
সেই ধৰ্মৰ উৰুৱাই ফানুচ
মানুহক কৰিছে বেহুচ
ধৰ্মৰ নামত মানুহ মাৰি
আছে ধৰ্ম ৰক্ষা কৰি
মন্দিৰ মছজিদ তীর্থস্থান
গঢ়া নাই আল্লাহ ভগবান
কোনোদিন কোনোকালে।।
অনুভৱ
কালি মৰুদ্যান ভাবি
ভৰি থৈয়ে জঁপিয়াই উঠিছিলোঁ
মৰুভূমিৰ তপ্ত বালিৰ
হৃদয়হীন পৰশত
যাৰ পোৰণি ওৰেটো নিশা
অনুভৱ কৰিছো হৃদয়ত ।
আজি আকৌ
একেই বাট একেই গন্তব্যস্থান
অনুভৱ কৰিলোঁ মলয়ৰ পৰশ।
পৃথিবীখন ইমান বিচিত্র !
তাল মিলাই খোজ পেলোৱাই টান
আমাৰ দৰে নিৰীহৰ বাবে ।।
সংগ্ৰাম
নাঙঠ গছজোপা দেখি এদল নাঙঠ মানুহ
সুখ-দুখৰ কথা পাতিবলে’
কাষলৈ যোৱাত গছজোপাই চকু মুদি ক’লে-
ছিঃ! লাজ লাগে। লাজ লাগে!
কিয় ?
নাঙঠ মানুহৰ কৌতুহলী প্রশ্ন
-নাঙঠ দেখি।
-তুমিওতো নাঙঠ?
আমি নাঙঠ নতুন সাজেৰে সাজিবৰ বাবে
আৰু তোমালোক নাঙঠ ভীৰুতাৰ বাবে।
ইচ্ ! কেনেকৈ জাৰত কঁপি আছা
যোৱা, এনেকৈ জাৰত কঁপি কঁপি
মৃত্যুৰ ক্ষণ গণি থকাতকৈ
একগোট হৈ জাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰাগৈ
হয়তো উম পাবা!
দেহৰ ভিন্নতা থাকিলেও
তোমালোকৰ তেজবোৰ কিন্তু একেই – ৰঙা
প্রয়োজনো একেই
অন্ন-বস্ত্র-বাসস্থান-নিৰাপত্তা।
-
সেয়ে নৰ্দমাৰ কুকুৰ স'তে সংগ্ৰাম কৰাতকৈ
সংগ্ৰাম কৰাগৈ-
ছলনাৰে তোমালোকৰ ভাতমুঠি
কাঢ়ি নিয়া দানৱৰ বিৰুদ্ধে
হয়তো এদিন পেট ভৰিব !
সঁচাইতো-
মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই ।
কিন্তু! একেই তেজৰ ভিন ভিন দেহত
এই চেতনা উদ্রেক হ'ব কেতিয়া?
অসহায় মই
মই বীৰ
যোদ্ধা হ’ব খুজিছিলোঁ
কিন্তু
আলেকজেণ্ডাৰৰ অৱস্থা দেখি থমকি ৰ’লো
বিশ্ব
বিজয়ী বীৰ,
যাৰ
দাপটত থৰথৰকৈ কঁপিছিল বিশ্ব
যাৰ
পদতলত দলিত হৈছিল হাজাৰ হাজাৰ
বীৰ
যোদ্ধা, ৰজা-মহাৰজা,
তেজেৰে
সিক্ত হৈছিল সেউজ শ্যামল ভূমি
আজি এয়া
তাৰ কি অৱস্থা!
খালীহাত
কফিনত আৱদ্ধ নিষ্প্ৰাণ দেহ
কি
মৰ্মান্তিক!
বুজিব
পাৰিলোঁ অৰ্থ, ক্ষমতা প্ৰতিপত্তি
সকলো
অৰ্থহীন, কফিনত আৱদ্ধ হ’লে।
সেয়ে মই
বীৰযোদ্ধাৰ পৰিৱৰ্তে
এডোখৰ
শিল হোৱাৰ সিদ্ধান্ত ল’লো-
অজেয়,
অবিনশ্বৰ
প্ৰশংসা,
কটাক্ষ, সমালোচনাৰ প্ৰতি যাৰ নাই ভ্ৰূক্ষেপ
হাজাৰ
দুখতো অটল অবিচল,
কিন্তু
চিমেন্ট কাৰখানাত
ধূলি হৈ
উৰা দেখি
শিল
হোৱাৰ বাসনাও ত্যাগ কৰিলোঁ।
অসহায়
মই!
কি হ’ম ভাবি একো থিৰাং কৰিব পৰা
নাই
আচলতে
পৃথিৱীলৈ অহাটোৱে
ভুল হৈছে
নেকি বাৰু
মোৰ দৰে
নিৰীহৰ বাবে?
গ্লাডিয়েটৰ
উত্তাল ৰোম
নগৰী
জনতাৰ
হৰ্ষ উল্লাস ধ্বনিত
মুখৰিত
আকাশ বতাহ
স্টেডিয়ামত
উপচি পৰিছে দৰ্শকৰ ভিৰ
মণিমানিক্য
খচিত পোচাকেৰে সজ্জিত
ৰোম
সম্ৰাট বিচাৰকৰ আসনত বিৰাজমান
চকু-মুখত
দাম্ভিকতাৰ ছাপ
দৰ্শকসকল
অধীৰ আগ্ৰহেৰে অপেক্ষাৰত
সম্ৰাটৰ
মগজু প্ৰসূত চমকৰ সাক্ষী হ’বলৈ।
হাতে-ভৰিয়ে
শিকলিৰে বন্ধা
এদল
ক্ৰীতদাস স্টেডিয়ামলৈ
খেদি অনা
হ’ল
যেন মানুহ
নহয়
এদল জানোয়াৰহে
খেদি অনা
হ’ল।
খুলি
দিয়া হ’ল শিকলিৰ বন্ধন
হাতে
হাতে তুলি দিয়া হ’ল
বিধে বিধে অস্ত্র সম্ভার
ঘোষিত হ’ল-
যিয়ে জয় লাভ কৰিব সি পাব মুক্তি
অৰ্থাৎ জিকিলে জীবন, হাৰিলে
মৃত্যু
সম্ৰাটৰ
অঙুলি নিৰ্দেশত এদল ক্ৰীতদাস
আনদলৰ
ওপৰত জঁপিয়াই পৰিল।
আৰম্ভ হ’ল মৰণ পণ সংগ্ৰাম
জয় মানে
জীৱন, পৰাজয় মানেই
মৃত্যুৰ হিম
শীতল পৰশ
জীয়াই
থকাৰ বাসনাত উন্মত্ত সিহঁত
এজনে আনজনৰ
ওপৰত অস্ত্ৰাঘাত কৰিছে
মাজে
মাজে ঢলি পৰিছে মুণ্ডহীন দেহ
দৰ্শকসকল
উন্মত্ত
হৰ্ষোল্লাস
মাৰ মাৰ কাট কাট
ধ্বনিত
ইথাৰ কঁপিছে
আদিম
প্ৰবৃত্তিত যেন দৰ্শকসকল বলিয়াপ্ৰায়
এজন এজন
কৈ সকলো ক্ৰীতদাস
ৰক্তাক্ত
কলেবৰ হৈ ঢলি পৰিল এটা সময়ত
ধৰাৰ
বুকুত বৈ গ’ল তেজৰ নৈ
মৃত্যুকাতৰ
যন্ত্ৰণা
তল পৰিল
জনতাৰ উন্মত্ত উল্লাসত।
আঙুলি
উঠিল সম্ৰাটৰ
জীয়াই থকাবোৰৰ
দেহবোৰৰ
পৰা মূৰবোৰ বিচ্ছিন্ন হ’ল
প্ৰহৰীৰ
তৰবাৰিৰ আঘাতত
পৈচাশিক
উল্লাসত অট্টহাঁহিত
আকৌ এবাৰ
কঁপি উঠিল ইথাৰ।
সেই
অমানৱীয় ঘটনাৰ আজিও যেন
পুৰাবৃত্তি
হৈ আছে
অৱ্শ্যে সম্পূৰ্ণ
ভিন্ন ৰূপত
কাৰণ আমি
যে এতিয়া সভ্য জাতি।।
উভতনি যাত্ৰা
ইতিহাসৰ
দ্বান্দ্বিক নিয়মত
বিশ্বব্যাপী
চলিছে
বিপৰীতমূখী
যাত্ৰাৰ প্ৰণৱতা।
মেহনতী
জনতাৰ মেদ মজ্জাৰে গঢ়া
বিজয়
স্তম্ভবোৰ খহি পৰিছে
স্থবিৰতা
বিৰাজ কৰিছে সৰ্বত্ৰ
চলমান
সভ্যতাৰ চকা ওলোটাকৈ ঘূৰাই
অট্টহাঁহি
হাহিছে
উদ্ধত
ৰক্ত পিপাসূ এজাক দৈত্য।
ধৰ্মীয়
গোড়ামীৰ সোণৰ হৰিণৰ
পিছে
পিছে ঘূৰি ফুৰিছে
কুলুৰ
বলধৰ দৰে অবিশ্ৰান্তভাৱে
ক্ষমতাৰ
খকত অন্ধ এদল মানুহ
সেয়ে
বাধাগ্ৰস্থ বৌদ্ধিক বিকাশ
ঘড়ীৰ
কাঁইটবোৰ ওলোটাকৈ ঘূৰিছে
প্ৰাগৈতিহাসিক
যুগৰ ফালে
সৰ্বত্ৰ
চলিছে ওভতনি যাত্ৰাৰ আখৰা।।
মই
সিহঁত আছে কাৰণেই মই আছোঁ
কথাটো মই পাহৰি যাওঁ বাৰেবাৰে
অথচ সিহঁতৰ ঘামৰ উপৰেদি
মোৰ ফিয়েট চলে দুৰ্বাৰ গতিৰে
কাৰণ সৌ যে পিচঢালা ৰাস্তা সেয়া
সিহঁতৰ ঘামৰ যহতে প্ৰাণ পাই উঠে।
মোৰ আৰাম আয়াসৰ যত সামগ্ৰী
ড্রয়িং ৰুমৰ ছোফা সেট, দৃষ্টিনন্দন গেট
আকাশ ধিয়াই উঠা
মোৰ বহু তলাতল অট্টালিকা
প্ৰাণ পাই উঠে সিহঁতৰ ঘামৰ যহতে।
সিহঁতৰ নাঙলৰ সিৰলুত মোৰ ভোকৰ অন্ন
অন্ন অবিহনে মোৰ এই তেজৰঙা দেহ
মাথোঁ মাংস পিণ্ড।
সিহঁতৰ বুকুত ভৰি থই মই
গাওঁ নৱ নৱ উত্থানৰ গান
অথচ পাহৰি যাওঁ মই বাৰেবাৰে
সিহঁতৰ এইবোৰ অৱদান ৷
সিহঁতৰ প্ৰতি মোৰ অৱদান
মাথোঁ কটূ কথা, অৱজ্ঞা,
তির্যক বাক্যবাণ।
সমাপ্ত





মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন