বিবিধ প্ৰৱন্ধ
বিবিধ প্ৰৱন্ধ
সূচীপত্ৰ
ৰবীন্দ্ৰ সমস্যা-
সাহসী ল'ৰাজন-
বাংলামূলৰ অসমীয়া
মুছলমান-
অসমীয়া ভাষা আৰু বংগীয়
মূলৰ মুছলমান-
নিন্মতম দুটা সন্তান আৰু
শিক্ষাগত
অহতা সম্পৰ্কীয় আইন-
ব্যক্তিৰ গোপনীয়তাক
মৌলিক অধিকাৰ
প্ৰদান কৰিলে উচ্চতম
ন্যায়ালয়ে-
প্রসংগঃ স্বাধীনতা দিৱসৰ
আহ্বান-
ছৈয়দ পীৰ হাজি আলি শ্বাহ
দৰগাহ-
ভাৰত-চীন সম্পর্ক-
কাবেৰী জল বিবাদ-
প্রসংগঃ উড়িৰ সেনা
শিৱিৰত
পাকিস্তানী সন্ত্ৰাসবাদীৰ
আক্ৰমণ-
নিষিদ্ধ হ'ব পাৰে জাকিৰ
নায়েকৰ
ইছলামিক ৰিচাৰ্চ
ফাউণ্ডেশ্বন-
নাহিদ বিতৰ্কৰ আঁৰৰ
কাহিনী-
কৃষ্ণসাৰ হৰিণা হত্যাৰ
গোচৰত
অভিযোগমুক্ত হ'লেও দুৰ্যোগৰ মেঘ
ঘণীভূত
হৈ আছে চলমান খানৰ
ভাগ্যাকাশত-
প্ৰতিমা বৰুৱা পাণ্ডেৰ
জীৱন আৰু কৰ্ম-
পণ্য আৰু সেৱা কৰ বিধেয়ক
ৰহস্যময় বাৰমূডা
ত্রিভূজ-
নিচিনপুৰৰ নদী বান্ধ
ধৰ্ষণ সামাজিক ব্যাধি
স্বতন্ত্রতাবোধ আৰু সাম্প্ৰদায়িকতা
নিষিদ্ধ হ’ব পাৰে জাকিৰ নায়েকৰ ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন
এটি
দেশপ্ৰেমমূলক গীতৰ ইতিহাস
প্ৰচাৰবিমুখ, নীৰৱ সাহিত্য সাধক আবুল হুছেইনৰ জীৱন
পৰিক্ৰমা
বিঃ দ্রঃ- প্ৰৱন্ধবোৰ
বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত প্ৰকাশিত
ৰবীন্দ্ৰ সমস্যা
বাংলা সাহিত্য একাডেমীৰ
দ্বাৰা প্রকাশিত, আলোক ৰায়, পবিত্ৰ সৰকাৰ আৰু
অভ্র ঘোষৰ দ্বাৰা সম্পাদিত দুশ বছৰৰ বাংলা প্ৰৱন্ধ সাহিত্য (২য় খণ্ড) নামৰ
প্ৰৱন্ধ সংকলনত অমূল্যসাধন মুখোপাধ্যায়ে লেখা ‘ৰবীন্দ্ৰ সমস্যা’ শীর্ষক এটি প্ৰৱন্ধ পঢ়ি বাৰুকৈয়ে মর্মাহত হ’লো। অমূল্যসাধন
মুখোপ্যধ্যায়ৰ জন্ম ১৯০২ চনৰ মে’ মাহৰ ৫ তাৰিখত
জলপাইগুৰিৰ পাটগ্রামত। স্নাতক মহলাৰ পৰীক্ষাত বাংলাত প্রথম স্থান অধিকাৰ কৰাৰ
কাৰণে কলিকতা বিশ্ববিদ্যালয়ে
তেওঁক বংকিম স্বর্ণপদক প্রদান কৰিছিল। এম, এ পাছ কৰিছে ইংৰাজী সাহিত্যত। ১৯৩০ চনত তেওঁ পি
আৰ এছ বৃত্তি আৰু মোয়াট মেডেল লাভ কৰিছে। ১৯২৭-৩৮ চনলৈ তেওঁ ৰংপুৰ কলেজ আৰু ১৯৩৮-৬৫
চনলৈ কলিকতাৰ আশুতোষ কলেজত অধ্যাপনা কৰিছে। অৱসৰ গ্ৰহণৰ পাছত
১৯৬৫-৭০ চনলৈ তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ত ইংৰাজী
বিভাগত অধ্যাপনা কৰিছে। ১৯৬৮ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক সৰোজিনী বসু স্বর্ণপদকেৰে
সন্মানিত কৰিছে। তেওঁ আজীৱন ছন্দশাস্ত্ৰলৈ গৱেষণা কৰিছে। বাংলা ছন্দত পূৰ্বাহবাদৰ
আৱিষ্কৰ্তা তেওঁ। বেতালভট্ট ছদ্মনামত তেওঁ শিশু উপযোগী গল্প লেখাৰ উপৰিও ভালেসংখ্যক
ৰম্যচনা ৰচনা কৰিছে। ব্ৰৰীদ্ৰ সমস্যা নামৰ প্ৰৱন্ধটোত তেওঁ তিনিগৰাকী ব্ৰৰীন্দ্ৰ
নাথৰ কথা উল্লেখ কৰিছে। বাক্য গঠন, বিষয়বস্তু আৰু
বিষয়বস্তুৰ পটভূমিৰ ভিত্তিত লেখকে তিনিগৰাকী লেখকৰ লেখা বিশ্লেষণ কৰি আমি জনা
ৰবীন্দ্ৰ নাথ ঠাকুৰৰ নামত প্রকাশিত ৰচনা সম্ভাৰ তিনিগৰাকী লেখকৰ বুলি
প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছে। প্ৰৱন্ধটোত তেওঁ লেখিছে-
ৰবীন্দ্ৰ নাথ ঠাকুৰৰ নামত
যি বিপুল পৰিমাণৰ সাহিত্য আমাৰ দেশত প্ৰচলিত হৈ আছে, সেইবোৰ বাস্তৱত একেগৰাকী লেখকৰ হয়, নে নহয়, এই বিষয়ে গুৰুতৰ
সন্দেহৰ অৱকাশ আছে। কোনো এগৰাকী কৃতী পুৰুষৰ নামত কিবা এটা প্ৰচলন কৰা আমাৰ দেশৰ
এটি পুৰণি প্রথা। বেদব্যাসৰ নামত পুৰাণ, উপ-পুৰাণ, মহাভাৰত ইত্যাদিকে আদি কৰি কিনো প্ৰচলিত হোৱা
নাই, অথচ সেইবোৰ যে
এগৰাকী ব্যক্তিৰ ৰচনা হ’ব নোৱাৰে সেয়া
সকলোৱে জানে তথা স্বীকাৰ
কৰে। মেঘদূত ৰচিয়তা কালিদাসৰ নামত নলোদয়, দ্বাত্রিংশৎপুত্তলিকা ইত্যাদি তুচ্ছ ৰচনা
প্ৰচলিত হৈছে। পৰৱৰ্তী পৰ্যায়ত এই গৌড় দেশতেই অন্ততঃ পক্ষে তিনিগৰাকী বিভিন্ন কবিৰ
ৰচনা চণ্ডীদাসৰ নামত প্ৰচলিত হৈছিল। আনকি অর্বাচীন কালতো একেই নামৰ দুজন কৰি কে’বাজনো লেখকে গ্রন্থাদি
ৰচনা কৰিছে, এই বিষয়ে পাঠক
অৱগত আছে। সেয়েহে একাধিক ব্যক্তিৰ ৰচনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত প্ৰচলিত হৈ থকাটো
বাস্তৱত অসম্ভৱ একো নহয়। বৰং এয়া কোৱা যাব পাৰে, যে ৰবীন্দ্রনাথ
ঠাকুৰৰ জীৱন আৰু সাহিত্য সম্বন্ধে যিবোৰ জনশ্রুতি আছে, সেয়া যদি
একেগৰাকী ব্যক্তিৰ ৰচনা বুলি ধৰা হয়, তেনেহ'লে তাৰ মাজত বহুবিধ অসম্ভৱতা পোৱা যাব।
ৰবীন্দ্রনাথ ঠাকুৰ সেই যুগৰ প্ৰভূত বিত্তশালী আৰু সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্রহণ কৰিছিল, এনেকুৱা প্রবাদ
প্রচলিত আছে। কলিকতা চহৰত অৱস্থিত তেওঁলোকৰ প্রাসাদোপম গৃহ তথা চোতালৰ অৱশেষ
এতিয়াও ভক্তবৃন্দই দৰ্শন কৰিবলৈ আহে। অথচ ৰবীন্দ্ৰনাথ ঠাকুৰ
মৃন্ময় কুটীৰত বাস কৰিছিল আৰু সেই কুটীৰৰ নামকৰণ কৰা আছিল শ্যামলী; এনেকুৱা প্ৰমাণো
পোৱা
যায়। বর্তমান বোলপুৰ
চহৰৰ পৰা তিনি কিলোমিটাৰ উত্তৰ-পশ্চিমে সেই কুটীৰৰ কিছু কিছু ভগ্নাৱশেষ এতিয়াও
দেখা যায়। সুদূৰ গাঁৱৰ কুটীৰবাসী ৰবীন্দ্ৰনাথ আৰু ৰাজধানী কলিকতাৰ প্রাসাদ
বিলাসী ধনীৰ দুলাল ৰবীন্দ্ৰনাথ যে একেগৰাকী ব্যক্তি হ’ব নোৱাৰে, সেয়া সহজেই
উপলব্ধি কৰিব পৰা যায়। ৰবীন্দ্ৰনাথ ঠাকুৰে সেই যুগৰ শাসকবৃন্দৰ পৰা খেলাত(পদৱী) পাইছিল, এনেকুৱা প্ৰমাণো
যিদৰে আছে, আকৌ সেই শাসকসকলক
উচ্ছেদ কৰাৰ কাৰণে ব্যাপকভাবে আন্দোলনত যোগ দি গানত, বক্তৃতাত তথা গদ্য-পদ্যত বিদেশী শাসকৰ বিৰুদ্ধে
বিদ্ৰোহৰ ভাব জগাই তুলিছিল,
তেনেকুৱা প্ৰমাণো যথেষ্ট পোৱা
যায়। সেয়েহে ৰবীন্দ্ৰনাথ যে একাধিক ব্যক্তি আছিল, সেয়া স্বীকাৰ কৰিবই লাগিব। ৰবীন্দ্ৰ ৰচনা
হিচাপে যি বিশাল গ্ৰন্থাৱলী আছে, সেয়া এজন ব্যক্তিৰ পক্ষে ৰচনা কৰা মাথোন যে দুঃসাধ্য
সেয়াই নহয়, সামান্য বিশ্লেষণ
কৰি পাঠ কৰিলে আটায়ে উপলব্ধি কৰিব পাৰিব যে ইয়াৰ মাজত ইমানইে ভিন্ন
আদর্শ, ৰীতি-নীতি ৰৈ আছে
যে সেয়া এজনৰ হাতৰ লেখা হ’বই নোৱাৰে।
এই বিষয়ে গভীৰভাবে
বিশ্লেষণ কৰি আমি যি সিদ্ধান্তত উপনীত হৈছো, সেয়া সংক্ষেপে বিবৃত কৰি আছো-
আমাৰ ধাৰণা ৰবীন্দ্ৰনাথ
ঠাকুৰ কোনো এগৰাকী ব্যক্তি বিশেষৰ নাম নহয়, এয়া ব্যাস ইত্যাদি নামৰ দৰেই ছদ্মনাম বা
গৌৰৱাত্মক অভিধা মাথোন।ঠাকুৰ উপাধি যে তেতিয়া এক গৌৰৱাত্মক সংজ্ঞা আছিল, সেয়া আটায়ে
জানে। দেৱ-দেৱীসকলক ঠাকুৰ বা ঠাকুৰাণী বুলি সম্বোধন হৈছিল- প্ৰেমৰ ঠাকুৰ, লক্ষ্মী ঠাকুৰাণী, ঠাকুৰ ঘৰ, ঠাকুৰ সেৱা
ইত্যাদি পদত এই অৰ্থৰ প্ৰয়োগ হোৱা দেখা যায়। বৰ্ণশ্রেষ্ঠ ব্রাহ্মণসকলকো ঠাকুৰ
বোলা হৈছিল, পাচক ব্ৰাহ্মণো এই
উপাধিৰ পৰা বঞ্চিত হোৱা নাছিল। মাথোন শ্রদ্ধা জ্ঞাপনৰ কাৰণেও ঠাকুৰ বা ঠাকুৰাণী
শব্দৰ প্ৰয়োগ কৰা হৈছিল;
ঠাকুৰ দাদা.
মা-ঠাকুৰাণ ইত্যাদি শব্দতো এনেকুৱা
অৰ্থৰ প্ৰয়োগ হোৱা দেখা যায়। সেয়ে ছদ্মনাম হিচাপে ঠাকুৰ পদবী কোনো কোনো গৌড়ীয়
গ্রন্থাকাৰে পূৰ্বেও গ্ৰহণ কৰিছিল। মাগন ঠাকুৰ, টেকচাঁদ ঠাকুৰ ইত্যাদি যিদৰে ছদ্মনাম, সেইদৰে
ৰবীন্দ্ৰনাথ ঠাকুৰো ছদ্মনাম বুলি আমাৰ বিশ্বাস। ঠাকুৰ পদবীৰ দৰে ৰবীন্দ্ৰনাথ নামটোও এক গৌৰৱাত্মক
সংজ্ঞা বুলি আমাৰ ধাৰণা। কোনো লেখকৰ অত্যুজ্জ্বল প্ৰতিভাৰ কাৰণে সূৰ্যৰ ন্যায় বা
ততোধিক দীপ্ত বুলি বিবেচনা কৰি লেখকগৰাকীক বিক্রমাদিত্য প্রভৃতি প্রাচীন সামৰিক উপাধিৰ
অনুকৰণত ৰবীন্দ্রনাথক এই গৌৰৱাত্মক পদৱী প্ৰদান কৰা হৈছিল বুলি আমাৰ
ধাৰণা হয়। এই ফালৰ পৰা বিচাৰ কৰিলে, ৰবীন্দ্ৰনাথ ঠাকুৰ নামৰ যে কে’বাজনো লেখক আছিল, সেয়া নিঃসন্দেহে
ক’ব পৰা যায়।
আমাৰ বিবেচনাত
ৰবীন্দ্ৰনাথ ঠাকুৰ নাম অন্ততঃ তিনিগৰাকী লেখকে গ্ৰহণ কৰিছিল। প্রথম ৰবীন্দ্ৰনাথৰ
নিৱাস আছিল কলিকতা নগৰত। তেওঁ তেওঁ ধনীৰ দুলাল, ভোগবিলাসী, বিদেশী সভ্যতা
তথা শিক্ষাৰ পক্ষপাতী আছিল; তেওঁ কে’বাবাৰো ইউৰোপলৈ
অহা- যোৱা কৰিছিল।
তেওঁ ইংৰাজসকলৰ প্ৰিয়পাত্ৰ আছিল। এই ৰবীন্দ্ৰনাথে প্ৰেমৰ কবিতাৰ বাহিৰেও
বহু নাটক ৰচনা কৰিছিল। চিত্রকলা, অভিনয় তথা নৃত্যত তেওঁৰ অনুৰাগ আছিল। এওঁক আমি নাগৰ ৰবীন্দ্ৰনাথ বুলি
ক’ব পাৰোঁ।
দ্বিতীয় ৰবীন্দ্ৰনাথ
আছিল বীৰভূম অঞ্চলৰ লোক, সম্ভৱতঃ বোলপুৰৰ
ওচৰতেই তেওঁ বাস কৰিছিল। এওঁ আছিল তত্ত্বজ্ঞানী, মৰমী কবি। এওঁ বাউল প্রভৃতি
সাধকৰ ৰীতি অনুসৰণ কৰিছিল। এওঁ ভাৰতীয় সনাতন আদৰ্শ তথা শিক্ষা পদ্ধতিৰ অনুৰাগী
আছিল আৰু এটি বৰ্ণাশ্রম প্রতিষ্ঠা কৰি শিষ্য আৰু শিষ্যাসকলক
শিক্ষাদান কৰিছিল৷ এওঁৰ জীৱন যাপন প্রণালী নিৰাড়ম্বৰ আছিল৷ এওঁ কুটীৰত বাস কৰিছিল
আৰু আম্রকুঞ্জত শিক্ষাদান কৰিছিল। এওঁৰ গান ৰচনাৰ অদ্ভুত ক্ষমতা আছিল। সেইবোৰ
গানৰ অধিকাংশই ভগৱদ্বিষয়ক। সেইসমূহ গান এক পূতস্নিগ্ধ ভাৱধাৰাত পৰিপূৰ্ণ। এওঁৰ
লগত ভাৰতীয় সংগীতৰ
এক বিশিষ্ট শাখা (ৰবীন্দ্র সংগীত) বিজড়িত। এওঁৰ লগত শাসক সম্প্ৰদায়ৰ বিশেষ কোনো
সম্পর্ক নাছিল। অৱশ্যে এওঁৰ সাধনতত্ত্বৰ খ্যাতি বহুদূৰ পর্যন্ত বিস্তৃত আছিল, বিভিন্ন স্থানৰ
পৰা বহুতে এওঁৰ আশ্ৰম পদ্ধতি সম্বন্ধে জ্ঞানলাভৰ কাৰণে বোলপুৰলৈ গৈছিল। এওঁক আমি
বাউল ৰবীন্দ্ৰনাথ বা
মৰমী ৰবীন্দ্ৰনাথ বুলি ক'ব পাৰোঁ।
তৃতীয় গৰাকী ৰবীন্দ্ৰনাথ
আছিল পূর্ব পাকিস্থান অঞ্চলৰ অধিৱাসী। পদ্মানদীৰ তীৰৰ কোনোবা ঠাইত সম্ভৱতঃ শিলাইদহ
বা সাহজাদপুৰ গাঁৱত এওঁৰ নিৱাস আছিল। এওঁৰ ভূ-সম্পত্তি যথেষ্ট আছিল বুলি ধাৰণা
হয়। কৃষি আৰু কুটীৰ শিল্পৰ উন্নতি কেনেকৈ কৰিব পৰা যায়, এই বিষয়ে তেওঁ বিশেষভাবে উৎসাহী
আছিল। মধ্যবংগৰ গাঁৱলীয়া জীৱনৰ লগত এওঁৰ সাক্ষাৎ-পৰিচয় আৰু যথেষ্ট সহানুভূতি
আছিল। এই ৰবীন্দ্ৰনাথেই বোধহয় স্বদেশী আন্দোলনৰ লগত যুক্ত আছিল। এওঁ গল্প আৰু
উপন্যাস ৰচনাত নিপুণ আছিল। কিছু কিছু কবিতা ৰচনা কৰি থাকিলেও গল্প ৰচনাতেই এওঁৰ কৃতিত্ব
সর্বাধিক। গল্প, উপন্যাস ৰচনাৰ
বাহিৰেও এওঁ প্ৰৱন্ধাদি ৰচনা কৰিছিল, সুবক্তা হিচাপেও এওঁৰ খ্যাতি আছিল। এওঁৰ ৰচনাৰ
প্ৰধান গুণ আছিল সাধাৰণ মানুহৰ
সুখ-দুখ সম্বন্ধে সহৃদয়তা। এওঁ নাগৰ ৰবীন্দ্ৰনাথৰ দৰে ললিত কলা বা দ্বিতীয়
ৰবীন্দ্ৰনাথৰ দৰে মুমুক্ষু তত্ত্বজ্ঞানী নাছিল। কিন্তু এওঁ বাস্তৱ সত্য সম্বন্ধে
সচেতন আছিল আৰু সাধাৰণ মানৱ হৃদয়ৰ দৈনন্দিন সুখ-দুখ সম্পর্কে এওঁৰ যথাৰ্থ দৰদ
আছিল। সেয়ে এওঁক আমি দৰদী ৰবীন্দ্ৰনাথ বা কাঙাল ৰবীন্দ্ৰনাথ বুলিব পাৰোঁ।
প্ৰথমগৰাকী ৰবীন্দ্ৰনাথ
যে ব্রাহ্ম-সন্তান আছিল ইয়াত সন্দেহৰ অৱকাশ নাই। এওঁ হিন্দু
সমাজৰ জাতিভেদ আৰু অন্যান্য বহু প্ৰথাৰ তীব্র বিৰোধী আছিল আৰু
হিন্দু ধৰ্মৰ বৈৰাগ্য, সন্ন্যাস, গুৰুবাদ আনকি
মুক্তি সাধনা আদিৰ কঠোৰ সমালোচক আছিল। বৈৰাগ্য সাধনে মুক্তি সে আমাৰ নয়……….ইত্যাদি এওঁৰে
উক্তি। এটা সময়ত ব্ৰাহ্ম-সমাজৰ পক্ষ লৈ এওঁ বংকিম চন্দ্ৰৰ প্ৰচাৰিত হিন্দু আদৰ্শৰ
ওপৰত আক্ৰমণ কৰিছিল। এওঁ আছিল শিল্প আৰু সুন্দৰৰ উপাসক। সৌন্দৰ্যানুভৱৰ ফালৰ পৰাই
এওঁ জীৱনৰ মূল্য বিচাৰ কৰিছিল।
দ্বিতীয় গৰাকী
ৰবীন্দ্ৰনাথ আছিল হিন্দু। সম্ভৱতঃ এওঁ প্ৰথমাৱস্থাত বৈষ্ণৱ আছিল, পাছত শৈৱ
মতাৱলম্বী হয়। এওঁৰ ওপৰত পূৰ্বৰ বৈষ্ণৱ সাধু- সন্তসকলৰ প্ৰভাৱ
বিশেষভাবে পৰিলক্ষিত হয়। ভগবানক এওঁ বধূ হিচাপে কল্পনা কৰিছে আৰু ভগবানৰ লগত
মিলনৰ সাধনাক অভিসাৰ বুলি কৈছে। বৈষ্ণৱ সাধু-সন্তসকলৰ দৰে এওঁ গীত ৰচনাত
সিদ্ধহস্ত আছিল। গীতাঞ্জলি,
গীতিমালা ইত্যাদি
সংগ্ৰহৰ অধিকাংশই এওঁৰ ৰচনা। পাছত তেওঁ শৈৱ মতানুৱৰ্তী হয় বুলি ধাৰণা হয়। কাৰণ এওঁৰ শেষ
বয়সৰ ৰচনাত ভোলানাথ, নটৰাজ, ৰূদ্ৰ ইত্যাদিৰ
ধাৰণাই অধিক প্রাধান্য পোৱা পৰিলক্ষিত হয়। ভাৱ মুক্তি আছিল এওঁৰ
লক্ষ্য আৰু আদৰ্শ। এই কথা তেওঁ স্পষ্টভাবেই কৈ গৈছে। এওঁৰ কবিতাৰ পৰা ধাৰণা হয়, যে এওঁ সাধনাৰ
ক্ষেত্ৰত বহুদূৰ অগ্ৰসৰ হৈছিল। সেই কাৰণে এওঁ গুৰুদেৱ নামেৰে পৰিচিত
হৈছিল। আন দুগৰাকী ৰবীন্দ্ৰনাথৰ আচল নাম (কোনোবাই কোনোবাই ধাৰণা কৰে যে তৃতীয় গৰাকী
ৰবীন্দ্ৰনাথৰ নাম আছিল- নিবাৰণ চক্ৰৱৰ্তী।) কি আছিল সেয়া এতিয়া আমাৰ জানিবলৈ
কোনো উপায় নাথাকিলেও এইগৰাকী ৰবীন্দ্ৰনাথ সম্পৰ্কে এটা
অনুমান কৰা যাব পাৰে। লোক প্রবাদ আছে যে ভানুসিংহৰ পদাৱলী এই গৰাকী ৰবীন্দ্ৰনাথৰেই
ৰচিত আৰু ৰবীন্দ্ৰ গ্ৰন্থাৱলীৰ মাজত ইয়াক সততে স্থান দিয়া হয়। আমাৰ ধাৰণা ভানুসিংহ এই
দ্বিতীয় ৰবীন্দ্ৰনাথৰেই আচল নাম। প্রথম জীৱনত তেওঁ বৈষ্ণৱ আছিল, তেতিয়াও তেওঁ
ৰবীন্দ্ৰনাথ উপাধি পোৱা নাছিল। সেই কাৰণে তেওঁৰ এইবোৰ পদ ভানুসিংহ নামাকিংত হৈ প্ৰকাশিত
হৈছিল। বোলপুৰৰ পৰা কিছু নিলগৰ যি সিংহ পৰিবাৰ এতিয়াও আছে, তেওঁলোকৰ লগত এই
ভানুসিংহৰ সম্পৰ্ক আছিল বুলি কল্পনা কৰাটো একেবাৰে অযৌক্তিক নহ'বও পাৰে।
কালীপ্রসন্ন বিদ্যাসাগৰ নামৰ তিনিগৰাকী ব্যক্তি বংগদেশত আছিল। এওঁলোক
তিনিজনেই পণ্ডিত আৰু সুলেখক আছিল। কিন্তু সেই বুলি এওঁলোকৰ ৰচনা এজনৰ বুলি প্ৰচলন কৰাৰ চেষ্টা
যিদৰে হাস্যকৰ হ’ব, সেইদৰে তিনিজন
ৰবীন্দ্ৰনাথৰ ৰচনাও এজনৰ বুলি প্ৰচলন কৰাৰ প্ৰয়াসো তেনেকুৱাই হাস্যকৰ হৈছে।
অন্যান্য সাক্ষ্য-প্রমাণ
আদি বাদ দিলেও মাথোন যদি ৰবীন্দ্ৰ-ৰচনাৱলীৰ সাহিত্যিক লক্ষণাদি বিচাৰ কৰা হয়, তেনেহ'লেও তিনিগৰাকী
ৰবীন্দ্ৰনাথৰ ব্যক্তিত্ব সুন্দৰ্ভাবে ফুটি উঠে। একে কাহিনী লৈ ৰচিত দুখন নাটক-- ৰাজা ও ৰাণী
আৰু তপতী— ৰবীন্দ্ৰনাথৰ
নামত প্ৰচলিত আছে। কিন্তু দুখন নাটক একেগৰাকী লেখকৰ হ’ব পাৰেনে? ভাব, ভাষা, ৰস, আদৰ্শ, প্রয়োগ পদ্ধতি
সকলো দিশৰপৰা এই নাটক দুখনৰ মাজত আকাশ-পাতাল পার্থক্য থকা পৰিলক্ষিত নহয়নে
বাৰু? প্রাচীন গ্রীক
সাহিত্যত Electra ৰ কাহিনী লৈ Sophocles আৰু Euripides এ একেটা যুগত
নাটক ৰচনা কৰিছিল। সেই বুলি Sophocles
আৰু Euripides একেগৰাকী ব্যক্তি
হ’ব পাৰে নেকি? Sophocles ৰ Electra আৰু Euripidesৰ Electra এই নাটক দুখনৰ
মাজত যিমান পার্থক্য, ৰাজা ও ৰাণী আৰু
তপতী নাটকৰ মাজত তাতকৈ অধিক পার্থক্য নহ'লেও কম নহয়।
ৰবীন্দ্ৰ ৰচনাৱলী যিসকলে
সম্পাদনা কৰিছে, তেওঁলোকে সমগ্ৰ
ৰচনাই একেগৰাকী ৰবীন্দ্ৰনাথৰ লেখা বুলি ধাৰণা কৰি প্ৰকাশনৰ কালানুক্ৰমত সেইবোৰক সজাইছে।
ফলত বহু সময়ত এখন গ্ৰন্থৰ মাজত সমসাময়িক তিনিগৰাকী ৰবীন্দ্ৰনাথৰ লেখাই স্থান
পাইছে। সামান্য সূক্ষ্মভাবে পৰীক্ষা-নিৰীক্ষা কৰিলেই কিন্তু বহু গ্ৰন্থত তিনি
প্ৰকাৰৰ বিভিন্ন ৰীতি আৰু আদৰ্শৰ সুস্পষ্ট পৰিচয় পোৱা যাব আৰু তিনিগৰাকী লেখকৰ
ব্যক্তিত্ব সুস্পষ্টভাবে ধৰা পৰিব।
উদাহৰণ স্বৰূপে সুপৰিচিত ‘সোণাৰ তৰী’ নামৰ কবিতা গুচ্ছখন বিবেচনা কৰা
যাওঁক। ইয়াৰ মাজত তিনি প্ৰকাৰৰ বিভিন্ন শৈলীৰ ৰচনাভংগীৰ পৰিচয় পোৱা যায় ৷ এজন
ৰবীন্দ্ৰনাথ যে নাগৰিক, সেয়া ‘বর্ষা যাপন’ কবিতাৰ ‘ৰাজধানী কলিকতা; তেতালাৰ ছাদে’ ইত্যাদি চৰণত
সুস্পষ্টভাবে ব্যক্ত হৈছে। এওঁ প্ৰথম ৰবীন্দ্ৰনাথ। আৰু এজন ৰবীন্দ্ৰনাথ যে
মধ্যবাংলাৰ সুজলা-সুফলা, শস্য-শ্যামলা
প্ৰকৃতিৰ লগত সুপৰিচিত আছিল, তাত সন্দেহৰ অৱকাশ নাই। এওঁ যে পদ্মা বা আন কোনো নদীৰ তীৰত বাস
কৰিছিল, তাৰো স্পষ্ট
প্রমাণ আছে। তেৱেঁই সোণাৰ তৰী, নিৰুদ্দেশ যাত্রা, পৰশ পাথৰ, হৃদয় যমুনা, ভৰা ভাদৰে, নদী পথে ইত্যাদি কবিতা ৰচনা কৰিছিল। এওঁ হৈছে
তৃতীয় ৰবীন্দ্ৰনাথ অৰ্থাৎ শিলাইদহ অঞ্চলৰ ৰবীন্দ্ৰনাথ। আৰু এজন ৰবীন্দ্ৰনাথ অৰ্থাৎ দ্বিতীয় গৰাকী
ৰবীন্দ্ৰনাথে ৰচনা কৰিছে বৈষ্ণৱ কবিতা। যেনে- যেতে নাহি দিব, অক্ষমা, দাৰিদ্ৰ, বসুন্ধৰা, শৈশৱ সন্ধ্যা, সমুদ্ৰেৰ প্ৰতি, প্রতীক্ষা
ইত্যাদি কবিতা। এওঁ যে দিগন্ত বিস্তৃত সুনিস্তব্ধ গাঁৱৰ দৃশ্যৰ পৰা প্ৰেৰণা পাইছিল আৰু
বৈষ্ণৱ ভাৱধাৰা আৰু আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈছিল তাৰ যথেষ্ট প্রমাণ এইবোৰ কবিতাত
পোৱা যায়।
প্রথম ৰবীন্দ্ৰনাথ
বর্ষাযাপনৰ বাহিৰে বিশ্ববতী, ৰাজাৰ ছেলে আৰু ৰাজাৰ মেয়ে, নিদ্রিতা, সপ্তোত্থিতা, তোমৰা ও আমৰা, হিং টিং ছট, গানভংগ, পুৰস্কাৰ, প্রত্যাখান, মায়াবাদ, বন্ধন, মুক্তি প্রভৃতি ৰচনা কৰিছে। মাথোন বিষয়বস্তুৰ
ফালৰ পৰা নহয়, কবিতাসমূহৰ
ৰচনাকৌশল আৰু ভাৱ পৰীক্ষা কৰিলেও তিনিধৰণৰ বিভিন্ন প্ৰকৃতিৰ পৰিচয় পোৱা যায়।
যিবোৰ কবিতা প্রথম বা
নাগৰ ৰবীন্দ্ৰনাথ ৰচিত, তাত একপ্ৰকাৰ
চঞ্চল তাৰণ্যৰ লক্ষণ
আছে, সেইবোৰৰ ভাষা
লঘুগতি, জীৱনাদর্শ
স্বপ্নবিজড়িত ৰঙীন, তাৰ ছন্দ বহু
সময়ত বিষমগতি আৰু চপল,পাঁচ মাত্ৰা আৰু
সাত মাত্ৰাৰ পৰ্বৰ প্ৰয়োগ যথেষ্ট আছে।
যিসমূহ কবিতা দ্বিতীয় বা
মৰমী ৰবীন্দ্ৰনাথৰ দ্বাৰা ৰচিত সেইবোৰত এক ধৰণৰ দাৰ্শনিক মনৰ পৰিচয় পোৱা যায়।
ধূলিৰ ধৰণীৰ প্ৰতি মমতা, অনাড়ম্বৰ সৰল
জীৱনৰ মাহাত্ম্যবোধ, মানৱ জীৱন আৰু
বিশ্বপ্রকৃতিৰ অন্তৰ্তম ৰহস্যবোধৰ প্ৰয়াস— এইসমূহ কবিতাৰ উল্লেখযোগ্য লক্ষণ। এই কবিতাসমূহৰ ভাষা
মোটা-মুটি গম্ভীৰ, ছন্দও তদ্রূপ, প্রায়শ দীৰ্ঘগতি
আৰু তানপ্ৰধান। আৰু যিসমূহ কবিতা তৃতীয় বা দৰদী ৰবীন্দ্ৰনাথৰ দ্বাৰা ৰচিত তাৰ মাজত এক
অতিবাস্তৱ অভিব্যক্তি দেখিবলৈ পোৱা যয়। ৰচিয়তা যেন পৃথিবীৰ মানুহ নহয়, এটি অসম্ভৱ
কল্পনাই তেওঁৰ মানসত ঠাই পাইছে আৰু সেই কল্পনাই তেওঁক সততে আহ্বান আৰু আকৰ্ষণ কৰি আছে
আৰু উদ্ভ্রান্তিৰ বাটলৈ ঠেলি লৈ গৈ আছে। প্রথম ৰবীন্দ্ৰনাথে জীৱনৰসৰ আস্বাদনত
বিচিত্র মাধুৰ্য অনুভৱ কৰে; দ্বিতীয়
ৰবীন্দ্ৰনাথে প্ৰকৃতি আৰু প্ৰকৃতিৰ লগত নিবিড়ভাবে বিজড়িত অনুভূতিৰ মাজত এক বিৰাট
ৰহস্যৰ সন্ধান পায়; তৃতীয় ৰবীন্দ্ৰনাথে
সাধাৰণ জীৱন আৰু বিশ্ব প্ৰকৃতিৰ অতিৰিক্ত এক অজানা সত্ত্বাৰ আহ্বানত চঞ্চল
নিৰুদ্দেশৰ যাত্ৰী।‘সোণাৰ তৰী’ৰ পৰা পৰৱৰ্তী
তিনিটা উদ্ধৃতি
ওচৰা-উচৰিকৈ ৰাখি তুলনা কৰিলেই তিনি প্ৰকাৰৰ ভিন্ন কবি-চিত্তৰ পৰিচয় পোৱা যায়।
(১) জগতে যথা যত ৰয়েছে ধ্বনি
যুগল মিলিয়াছে
আগে
যেখানে প্রেম নাই বোবাৰ সভা,
সেখানে দিন নাহি জাগে।।
(আশাভংগ, প্ৰথম ৰবীন্দ্ৰনাথ)
(২) আমাৰে ফিৰায়ে লহ, অয়ি বসুন্ধৰে
কোলেৰ সন্তান তব কোলেৰ
ভিতৰে
বিপুল অঞ্চল তলে। ওগো মা
মৃন্ময়ী,
তোমাৰ মৃত্তিকা মাজে
ব্যাপ্ত হয়ে ৰই; (বসুন্ধৰা, দ্বিতীয়
ৰবীন্দ্ৰনাথ)
(৩) শ্রাবণ গগন ঘিৰে
ঘন মেঘ ঘূৰে ফিৰে
শূন্য নদীৰ তীৰে
ৰহিনু পৰি
যাহা ছিল নিয়ে গেল সোণাৰ তৰী। (সোণাৰ তৰী, তৃতীয় ৰবীন্দ্ৰনাথ)
মাথোন পদ্য নহয়, গদ্য ৰচনাসমূহ
বিশ্লেষণ কৰিলেও আমি ভিন্ন ৰুচি, আদৰ্শ আৰু ৰচনাভংগীৰ পৰিচয় পাম। তৃতীয় ৰবীন্দ্রনাথেই
অধিকাংশ গদ্যগ্ৰন্থৰ ৰচিয়তা এনেকুৱাই আমাৰ বিশ্বাস। এওঁৰ লেখা গোৰা উপন্যাসৰ কথা
আগতেই কোৱা হৈছে। নৌকাডুবিও যে তেওঁৰ ৰচনা, সেয়া নামৰ পৰাই বুজা যায়।
গল্পগুচ্ছৰ মাজত যি প্ৰাকৃতিক আৰু সামাজিক পটভূমি আৰু সাধাৰণ নৰ-নাৰীৰ সুখ-দুখৰ
প্ৰতি দৰদৰ পৰিচয় পোৱা যায়, তাৰ পৰা ধাৰণা হয় যে এই তৃতীয় ৰবীন্দ্রনাথেই অধিকাংশ
গল্প ৰচনা কৰিছিল। স্বদেশ,
সমূহ, সমাজ ইত্যাদিও
তেওঁৰ ৰচনা। পক্ষান্তৰে শেষেৰ কবিতা, চাৰ অধ্যায়, চোখেৰ বালি ইত্যাদি উপন্যাস প্রথম ৰবীন্দ্ৰনাথৰ
ৰচনা বুলি ধাৰণা হয়। দ্বিতীয় ৰবীন্দ্রনাথে গল্প, উপন্যাস ইত্যাদি বিশেষ লিখিছে বুলি ধাৰণা নহয়। অৱশ্যে
তেওঁ আচাৰ্য আৰু প্ৰচাৰকৰ উপযুক্ত ভাবময়ী বক্তৃতাত পটু আছিল৷ ‘ধর্ম ও
শান্তিনিকেতন’ শীর্ষক বক্তৃতা
আৰু প্ৰৱন্ধাৱলী এওঁৰ ৰচনা বুলি ধাৰণা হয়। এই তিনিগৰাকী
ৰবীন্দ্ৰনাথৰ গদ্য ৰচনা ৰীতি তিনি ধৰণৰ আছিল। দ্বিতীয় ৰবীন্দ্ৰনাথৰ ৰচনাভংগী
সহজেই চিনাক্ত কৰিব পৰা যায়, তেওঁৰ ৰচনাত তৎসম শব্দৰ ব্যৱহাৰ অধিক, বাক্য ৰচনা দীর্ঘায়িত, সুৰ উদাত্ত।
উদাহৰণ স্বৰূপে তেওঁৰ প্ৰাচীন সাহিত্যৰ পৰা উদাহৰণ দিয়া হ'ল-
‘ৰামগিৰিৰ পৰা হিমালয় পর্যন্ত প্রাচীন
ভাৰতবৰ্ষৰ যি দীর্ঘ এক ভূ-খণ্ডৰ মাজেৰে মেঘদূতৰ মন্দাক্রান্তা ছন্দে জীৱনস্রোত
প্রবাহিত হৈ গৈছে, তাৰ পৰা মাথোন
বর্ষাকাল নহয়, চিৰকালৰ কাৰণে
আমি নির্বাসিত হৈছোঁ।
ইয়াৰ পাছত লিপিকাৰ
মেঘদূতৰ পৰা সামান্য নমুনা দিয়া হ’ল, পাঠকসকলে দেখিবলৈ পাব যে এই দুই উদ্ধৃতিৰ মাজত
ভাষাৰ আৰু ৰীতিৰ কিমান পার্থক্য।
‘তেওঁৰ কাষতেই আছোঁ তথাপি নির্বাসন। একেবাৰে
কাষত থকাৰ বিৰহ, ইমান কাষত এজনে
আনজনক সম্পূৰ্ণৰূপে দেখিব নোৱাৰে, মিলনৰ প্রথমদিনা বাঁহীয়ে কি কৈছিল? সি কৈছিল, সেইজন মানুহ মোৰ
কাষলৈ আহিল, যিজন মানুহ মোৰ
দূৰৰ।' এই ৰচনা ৰীতি
প্ৰথম ৰবীন্দ্ৰনাথৰ বুলি ধাৰণা হয়। তৎসম শব্দৰ ব্যৱহাৰ কম, বাক্যৰ প্ৰসাৰ
স্বল্প, কথাবোৰ যেন কটা
কটা। গতি লঘু। এওঁৰ ৰচনা ইউৰোপ যাত্রী, ছেলেবেলা ইত্যাদিতো এই ভংগীৰ দৃষ্টান্ত পোৱা
যাব।
তৃতীয় ৰবীন্দ্ৰনাথৰ
গদ্যৰ গতি এই দুজনৰ মধ্যৱৰ্তী। প্রথম ৰবীন্দ্ৰনাথৰ লঘুতা আৰু দ্বিতীয়
ৰবীন্দ্ৰনাথৰ গাম্ভীর্য, উভয়ৰ যেন সমাৱেশ
ঘটিছে তৃতীয়
ৰবীন্দ্ৰনাথৰ ৰচনাৰীতিত। জনপ্রিয় বক্তৃতাৰ ফালৰ পৰা এই ৰীতিয়ে যে প্রশস্ত, সেয়া কোৱা
বাহুল্য। একো একোটা বাক্য দীর্ঘ নহ'লেও বহুবোৰ সুসংৱদ্ধ কৰি
অনুচ্ছেদ ৰচনাৰ এটি বিশেষ কৌশল দেখা যায় এওঁৰ ৰচনাত। তৎসম শব্দৰ যথেষ্ট ব্যৱহাৰ হ’লেও তদ্ভৱ আৰু
দেশজ শব্দবোৰক এনেকৈ মিহলাই দিয়া হৈছে যে এটি সহজ সুৰ, ছন্দ গতি
স্পষ্টভাবে অনুভৱ কৰিব পৰা যায়। সূক্ষ্ম অলংকাৰ ব্যৱহাৰ কৰি ৰচনাসমূহক চমৎকাৰ কৰা
হৈছে।
উদাহৰণ স্বৰূপে তেওঁৰ
ৰচিত শিক্ষাৰ হেৰফেৰ প্ৰন্ধৰ পৰা কিছু অংশ উদ্ধৃত কৰি দিয়া হ’ল-
‘আমাৰো প্ৰাৰ্থনা। আমাৰ হেৰফেৰ গুচিলেই আমি
চৰিতাৰ্থ হওঁ। শীতৰ লগত শীতবস্ত্ৰ, গ্ৰীষ্মৰ লগত গ্ৰীষ্মবস্ত্ৰ একেলগ কৰিব পৰা
কাৰণেই আমাৰ ইমান দৈন্যতা, নহ’লে আছে সকলো ।
এতিয়া আমি বিধাতাৰ ওচৰত এই বৰ বিচাৰোঁ, আমাৰ ভোকৰ অন্ন, শীতৰ বস্ত্ৰ, ভাৱৰ লগত ভাষা, শিক্ষাৰ লগত জীৱন মাথোন একেলগ
কৰি দিয়া। আমি আছোঁ যেন-
পানী মেঁ মীন পিয়াসী
শুনত শুনত লাগে হাসি।'
‘আমাৰ পানীও আছে, পিয়াহো আছে, আমাক দেখি পৃথিবীৰ লোক হাঁহি আছে আৰু আমাৰ চকুত
অশ্ৰু আহি আছে, মাথোন আমি পান
কৰিব পৰা নাই।'
এইদৰে আলোচনা কৰিলে
তিনিগৰাকী বেলেগ বেলেগ ৰবীন্দ্ৰনাথৰ ৰচনা পৃথকভাবে সংকলন কৰা যাব পাৰে। কিন্তু
সেয়া বিপুল পৰিশ্ৰম আৰু গৱেষণা সাপেক্ষ। বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ
বংগভাষা বিভাগে এই বিষয়ে অগ্রণী হ’বনে? লেখকে শেষত এইদৰে প্রশ্ন উত্থাপন কৰিছে।
এতিয়া আমাৰো প্ৰশ্ন--
এয়া প্ৰকৃতাৰ্থতেই সঁচানে?
(প্ৰকাশ এদিনৰ সংবাদ-
০৩-০৭-২০১৪)
সাহসী ল’ৰাজন
মহাত্মা গান্ধী, গৌতম বুদ্ধৰ পাছত
যদি কোনোবাই উপেক্ষিত আৰু শোষিতসকলৰ ধৰ্মীয়, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উত্তৰণৰ কাৰণে চেষ্টা
কৰিছিল সেইজন আছিল ভাৰতৰ সংবিধান প্রণেতা যুগ পুৰুষ ড০ ভীমৰাও অম্বেদকৰ। তেওঁৰ
চৰিত্ৰ আছিল সূৰ্যৰ দৰে তেজস্বী, ব্যৱহাৰ আছিল চন্দ্ৰ দৰে মধুৰ, জ্ঞান আছিল ঋষিৰ
দৰে গহীন-গম্ভীৰ, স্বভাৱ আছিল
সন্তৰ দৰে নিৰ্মল। তেওঁ ওৰেটো জীৱন উপেক্ষিত দলিত, শোষিত আৰু দুৰ্বলশ্ৰেণীৰ
প্ৰগতিৰ বা বে সংগ্ৰাম কৰি গৈছে। ল’ৰালিৰ পৰাই তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰা
নাছিল৷ তেওঁৰ ল’ৰালিৰ এটি
সাহসিকতাৰ কাহিনী তলত বর্ণনা কৰা হ'ল-
ভীমৰাও অম্বেদকৰৰ দেউতাক
মেজৰ চুবেদাৰ ৰামজী তেতিয়া গোৰেগাঁৱত কৰ্মৰত আছিল। দেউতাকৰ ওচৰলৈ যোৱাৰ কাৰণে
অম্বেদকৰে এদিন ককায়েক আনন্দৰামৰ সৈতে পদলী ৰে'ল ষ্টেচনলৈ আহি দেউতাকৰ কাৰণে অপেক্ষা কৰি
আছিল। কাৰণ ৰে'ল ষ্টেচনৰ পৰা
তেওঁলোকক লৈ যোৱাৰ কাৰণে অম্বেদকৰে চিঠি লেখি আগতীয়াকৈ দেউতাকক জনাইছিল। চিঠি সময়মতে গৈ
নোপোৱাৰ কাৰণেই হওঁক, নাইবা আন কিবা কাৰণতেই হওঁক, অন্তিম ৰে'লখন গুচি যোৱাৰ
পাছতো যেতিয়া দেউতাকে নিবলৈ নাহিল, তেতিয়া ষ্টেচন মাষ্টৰৰ পৰামৰ্শ মর্মে তেওঁলোক
গৰুগাড়ী এখনেৰে গোৰেগাঁৱলৈ গৈ আছিল।
বাটত অম্বেদকৰৰ পানী
পিয়াহ লাগিল। ককায়েক আনন্দৰামক তেওঁ কথাটো জনালে। আনন্দৰামে কেউফালে দৃষ্টি
প্ৰসাৰিত কৰি পানীৰ সন্ধান কৰিবলৈ ধৰিলে। কিন্তু ওচৰে-পাঁজৰে ক'তো কোনো নলীনাদ
বা পুখুৰী চকুত নপৰিল।
ওচৰে-পাঁজৰে কোনো নলীনাদ
বা পুখুৰী আছে নেকি এই বিষয়ে গাৰোৱানক সোধাত গাৰোৱানে ক'লে- আঠ-দহ মিনিটৰ
ভিতৰত আমি গাঁও পামহি, তেতিয়া পানী খাব
পাৰিবা।
গাৰোৱানে কোৱামতেই দহ
মিনিটমান পাছত সিহঁতে এটা নাদ পালে। আনন্দৰামৰো পিয়াহ লাগিছিল৷ সেয়ে দুয়ো
গাড়ীৰ পৰা নামি নাদৰ পাৰলৈ গ’ল। নাদৰ ওচৰে-পাঁজৰে কোনো মানুহ-দুনুহ নাছিল।
অৱশ্যে ৰছীৰে সৈতে বাল্টি এটা নাদৰ পাৰতে পৰি আছিল৷ আনন্দৰামে নাদৰ পৰা পানী তুলি অম্বেদকৰক খুওৱাৰ
পাছত সি নিজেও খালে। এনেতে ছয়-সাতজন মানুহৰ সৈতে গাঁৱৰ মুখিয়ালজন তাত আহি
উপস্থিত হ’ল। মুখিয়ালজনে
সুধিলে- কোন তোমালোক?
অম্বেদকৰে টপৰাই উত্তৰ
দিলে- ল’ৰা মানুহ।
তোমালোক যে ল’ৰা মানুহ সেয়া
আমি দেখি আছোঁ। আমি অন্ধ নহয়। এইদৰে কৈয়ে মুখিয়ালজনে সুধিলে- তোমালোকৰ জাতি কি? ব্ৰাহ্মণ নেকি?
নহয়। অম্বেকৰে দৃঢ়তাৰে
উত্তৰ দিলে।
তেনেহ'লে ক্ষত্রিয়
নেকি? মুখিয়ালজনে
উষ্মাৰে সৈতে সুধিলে।
নহয়, আমি মহাৰ।
আনন্দৰামে ভয়ে ভয়ে উত্তৰ দিলে।
মহাৰৰ কথা শুনি
মুখিয়ালজন খঙত জ্বলি-পকি উঠিল আৰু তৰ্জন-গৰ্জন কৰি ক’বলৈ ধৰিলে- কি ক’লা? তোমালোক শূদ্র? শূদ্ৰ হৈ
উচ্চকুলৰ নাদৰ পৰা পানী খোৱাৰ দুঃসাহস ক’ত পালা? বদমাচ ল’ৰা। তোমালোকক এনেকুৱা শাস্তি দিম যে ভুলতো
কোনোদিন উচ্চকুলৰ নাদৰ পৰা পানী খাবলৈ দুঃসাহস নকৰিবা।
মুখিয়ালজনৰ খং দেখি
আনন্দৰাম ভয়ত লেউ-সেউ হৈ পৰিল। আনহাতে অম্বেদকৰ কৌতুহলী হৈ উঠিল। সি কৌতুহলেৰে
দৃশ্যটো উপভোগ কৰিবলৈ ধৰিলে। নাদৰ পৰা নিজে পানী তুলি খোৱাৰ কাৰণে জগৰ লগা বুলি উপলব্ধি কৰিব
পাৰি আনন্দৰামে ক্ষমা খোজাৰ ভংগীত ক’লে- আমাৰ ভুল হৈ গৈছে। আমাক
ক্ষমা কৰি দিয়ক। এনেকুৱা ভুল কোনোদিন নকৰোঁ।
আনন্দৰামৰ ক্ষমা খোজাৰ
কাৰণ উপলব্ধি কৰিব নোৱাৰি অম্বেদকৰে সুধিলে- দাদা, আমিতো কোনো ভুল কৰা নাই। তুমি মিছাতে কিয়
ক্ষমা খুজিছা ? পিয়াহ লগাৰ
কাৰণে আমি মাথোন পানীহে খাইছোঁ। পানী খোৱাটো কোনো অপৰাধ হ’ব নোৱাৰে। আমিতো
মানুহ, বাল্টি ভর্তি
থাকিলে পশু-পক্ষীয়েও পানী খাব পাৰিলেহেঁতেন। পশু-পক্ষীকতো কোনেও পানী খাবলৈ বাধা
নিদিয়ে? সিহঁতে য’তে ইচ্ছা ত’তেই দেখোন পানী
খায় !
এই পুচ্কী বৰ টেঙৰ।
মুখিয়ালজনে ইতিকিঙৰ সুৰত ক’লে- তোমালোক শূদ্র, অস্পৃশ্য, নীচজাতি।
মানুহ সদায় মানুহেই। অম্বেদকৰে বিজ্ঞৰ
দৰে ক'লে- মানুহৰ মাজত
আকৌ উচ্চ-নীচ আহিল ক’ৰ পৰা?
আছে। মানুহৰ মাজত
তোমালোকৰ দৰে নীচ জাতিৰ মানুহো আছে। মুখিয়ালজনে গোঁফত তাও দি ক'লে- তোমালোক
পশুতকৈও নিকৃষ্ট।
পখীয়ে পানী খালে কি
কৰিলেহেঁতেন? অম্বেদকৰে যুক্তি
দর্শালে।
অম্বেদকৰক মুখিয়ালৰ লগত
মুখে-মুখে তৰ্ক কৰা দেখি উপস্থিত মানুহবিলাক হতভম্ব। ইফালে মুখিয়ালজনো কিংকর্তব্য
বিমূঢ়! কি উত্তৰ দিব সি!
সঁচাকৈয়েতো চৰায়ে পানী
খালে সি কি কৰিব পাৰিলেহেঁতেন! তাৰ ঘৰতো চৰায়ে পানী খাই থাকে। চৰাইকতো সি বাধা
নিদিয়ে ! এইদৰে সি মনতে ভাবিলে যদিও সৰু ল’ৰা এজনৰ আগত নতি
স্বীকাৰ কৰিবলৈ সন্মত নহ'ল। সেয়ে নিজৰ
দুৰ্বলতা ঢাকিবলৈ সি সেমেনা-সেমেনি কৰি ক'লে- চৰাইৰ কথা বেলেগ। চৰায়ে পানী
খাবই।
আমি চৰাইতকৈও নিকৃষ্ট
নেকি? অম্বেদকৰে সুধিলে।
হয়, তোমালোক চৰাইতকৈও
অধিক নিকৃষ্ট। মুখিয়ালজনে এইবাৰ নিজক চম্ভালি লৈ ক’লে- কাৰণ চৰাইৰ মাথোন এটাই জাতি। সিহঁত মাথোন চৰাই।
অম্বেদকৰে বিদ্রূপৰ সুৰত
ক'লে- সিহঁত মাথোন
চৰাই? আৰু সেইকাৰণে
সিহঁতে পানী খাব পাৰে!
হয়, চৰাইৰ জাতি মাথোন
এটা কাৰণেই সিহঁতে পানী খাব পাৰে। এইবাৰ মুখিয়ালজনৰ সুৰ আগতকৈ বহুত কোমল শুনা গ'ল।
তেতিয়া অম্বেদকৰৰ চকুৰ
আগত অম্বেদকাৰ নামৰ এগৰাকী শিক্ষকৰ প্ৰতিচ্ছবি ভাহি উঠিল। শিক্ষক গৰাকীয়ে তেওঁক
খুব স্নেহ কৰিছিল। সিহঁতৰ ঘৰৰ পৰা বিদ্যালয় বহু দূৰত আছিল। সেয়ে দুপৰীয়াৰ
আহাৰ খোৱাৰ কাৰণে অম্বেদকৰ সদায় ঘৰলৈ যোৱাটো সম্ভৱ নহৈছিল। ফলত শিক্ষক গৰাকীয়ে মাজে-সময়ে
অম্বেদকৰক নিজৰ ভাগৰ পৰা খাদ্য খাবলৈ দিছিল। এদিন শিক্ষক গৰাকীয়ে কৈছিল- ভীমৰাও, সদায় সত্য আৰু
ন্যায়ৰ পক্ষত থাকিবা। ইয়াৰ বাবে ডাঙৰতকৈও ডাঙৰ ক্ষতি স্বীকাৰ কৰিব
লগা হ'লেও সেয়া
স্বীকাৰ কৰি ল’বা। তথাপি সুবিধা
আদায়ৰ বাৱে নাইবা ভয়ত কেতিয়াও অসত্যৰ আগত মূৰ নত নকৰিবা। সেয়াই সত্য, যাক বিবেকে
স্বীকাৰ কৰি লয় আৰু যাক স্বীকাৰ কৰিলে কাৰো অসুবিধা নহয়; বৰং মংগলহে হয়।
এই গৰাকী শিক্ষকৰ কাৰণেই
অম্বাবডেকৰৰ পৰা অম্বেদকৰ হৈছিল। অম্বেদকহঁতৰ গাঁৱৰ নাম আছিল অম্বাবডে।
মহাৰাষ্ট্ৰত তেতিয়া মানুহে নিজৰ গাঁৱখনৰ নামতে নিজৰ উপনাম ৰাখিছিল। ফলত
অম্বেদকৰক আটায়ে ভীমৰাও অম্বাবডেকৰ বুলি মাতিছিল। শিক্ষকগৰাকীয়ে তেওঁক বুজাইছিল, যে তাৰ উপনাম
উচ্চাৰণ কৰাটো কঠিন। গতিকে অম্বাবডেকৰৰ ঠাইত অম্বেদকৰ ৰাখিলে ভাল হ’ব। কোৱাতো সুবিধা
হ’ব।
এইদৰে শিক্ষকগৰাকীৰ
পৰামৰ্শ মর্মেই অম্ববডেকৰৰ পৰা অম্বেদকৰ হৈ পৰিছিল।
মুখিয়ালজনে তর্জন-গর্জন
কৰি থকাৰ সময়ত হঠাৎ অম্বেকৰৰ শিক্ষকগৰাকীয়ে কোৱা কথাবোৰ মনত পৰিল।
শিক্ষকগৰাকীয়ে যেন তেওঁক কৈ আছিল- অম্বেদকৰ তুমি সঁচা কথাকে কৈছা, ভয় নকৰিবা।
শিক্ষকগৰাকীৰ কথা মনত
পৰাৰ লগে লগে অম্বেদকৰ অধিক সাহসী হৈ উঠিল আৰু তেওঁ উদাহৰণৰ সহায় লৈ ক'লে- আপোনালোকে
মাখি পৰা বস্তু খায়, নে নাখায়?
খাওঁ। মুখিয়ালজনে টপৰাই
ক’লে- মাখি পৰা
বস্তু মাথোন আমিয়ে নাখাওঁ,
আটায়ে খায়।
এইবাৰ অম্বেদকৰৰ মুখমণ্ডল
প্রসন্ন হৈ উঠিল। উৎসাহিত কণ্ঠত তেওঁ সুধিলে-মাখি ক’ত ক’ত পৰে জানে নেকি?
এজন সৰু ল’ৰাই যুক্তি
দর্শোৱা কথাটো মুখিয়ালজনে সহজভাবে ল’ব নোৱাৰিলে। সি ক্ৰোধত উন্মত্ত হৈ উঠিল- চুপ্, চুপ কৰা নীচ, বালক।
খং নকৰিব। মই কওঁ শুনক।
অম্বেদকৰে খন্তেক ৰৈ ক’বলৈ ধৰিলে-মাখি
ৰাস্তাত মৰি পৰি থকা জন্তুৰ মঙহৰ ওপৰত, নলাৰ গেলা পানীৰ ওপৰত, মল-মূত্ৰৰ ওপৰত
আৰু গেলা বস্তুৰ ওপৰত পৰে......
চুপ কৰা অৰ্বাচীন, বালক। মুখিয়ালজন
খঙত চিঞৰি উঠিল।
আনন্দৰাম উচ্চবৰ্ণ
হিন্দুৰ ক্ষমতাৰ বিষয়ে অৱগত। সিহঁতে ইচ্ছা কৰিলে সকলো কৰিব পাৰে। সেয়ে সি অতি
বিনম্রভাবে ক’লে-আপুনি বয়সত আমাতকৈ ডাঙৰ।
অনগ্ৰহ কৰি আমাক ক্ষমা কৰি দিয়ক।
মুখিয়ালজনে আনন্দৰামৰ
কথালৈ কৰ্ণপাত নকৰি উত্তেজিতভাবে লগৰীয়া কেইজনক আদেশ দিলে- মাৰা, এই অস্পৃশ্য
বাচালদ্বয়ক।
নাই নাই, মুখিয়ালজী।
আনন্দৰামে মুখিয়ালজনৰ সন্মুখত হাতযোৰ কৰি ক'লে- আমাক নামাৰিব। অনুগ্ৰহ কৰি আমাক যাবলৈ
দিয়ক।
মুখিয়ালৰ লগৰীয়া কেইজনে
পৰামৰ্শ আগবঢ়ালে-ইহঁতক গুলী কৰি মাৰা হওঁক। নীচৰ লগত কথা পাতিলে নিজৰে জিভা বেয়া
হয়।
মুখিয়ালজনে কিবা ক’ব খুজিছিল। এনেতে
ল’ৰা এজন দৌৰি আহি
ক'লে- খুড়া, গাঁৱত পুলিচ
আহিছে।
পুলিচৰ কথা শুনি
মুখিয়ালজন শান্ত হৈ পৰিল আৰু সি অম্বেদকৰক গালি-শপনি পাৰি গাঁৱৰ ফালে গুচি গ'ল।
মুখিয়ালজন গুচি যোৱাৰ
পাছত অম্বেদকৰে ক'লে- দাদা, তুমি সিহঁতৰ আগত
হাতযোৰ কৰিলা কিয়?
হাতযোৰ নকৰি কি কৰিম ! নহ'লে সিহঁতে আমাক
মাৰিলেহেঁতেন। আনন্দৰামে খং মিহলি সুৰত ক’লে।
মাৰিব বুলিয়ে অন্যায়ৰ
আগত মূৰ দোঁৱাব নেকি? অম্বেদকৰে
সুধিলে।
মই তাকেই কৰিছোঁ, যি কৰা উচিত
আছিল। আনন্দৰামে বিৰক্তি মিহলি সুৰত ক'লে।
কথাত কথা বাঢ়ি যাব বুলি
ভাবি অম্বেদকৰে বিশেষ একো নক’লে। লাহেকৈ মাথোন ক’লে- আমাৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিয়ে
উচ্চবৰ্ণৰ মানুহবিলাকে আমাক নানাভাবে শোষণ কৰি আছে। (এদিনৰ সংবাদ-
২৩-০১-২০১২)
বাংলা মূলৰ
অসমীয়া মুছলমান
(প্ৰব্ৰজন আৰু জীৱন ধাৰা) )
প্ৰব্ৰজন প্রাণী জগতৰ এটা
চিৰন্তন প্ৰথা। ৰাজনৈতিক,
অর্থনৈতিক
প্রাকৃতিক আদি নানা কাৰণত অনাদি কালৰ পৰা প্ৰব্ৰজনৰ সোঁত চলি আছে।
জলবায়ু পৰিৱৰ্তন, খাদ্যবস্তু আদিৰ
অপ্রতুলতাৰ কাৰণে একমাত্র মানুহেই নহয়, পশু-পক্ষী আদিৰো অহৰহ প্ৰব্ৰজন হৈ আছে।
প্ৰব্ৰজনৰ ফলতেই আমেৰিকা আজি বিশ্বৰ দৰবৰাত শক্তিশালী দেশ হিচাপে পৰিগণিত
হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা অজ্ঞাত বহু দেশ আজি একমাত্ৰ
প্ৰব্ৰজনৰ ফলতেই বিশ্বৰ মানচিত্ৰত সুসভ্য দেশ হিচাপে স্থান লাভ কৰিবলৈ
সক্ষম হৈছে। হিমালয় পৰ্বতৰ উত্তৰে বসবাস কৰি থকা জনগোষ্ঠীসমূহেও প্রচণ্ড শীতৰ
প্ৰকোপত পৰি ইৰাণ, ইৰাক আদি ঠাইলৈ
প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। এই জনগোষ্ঠীসমূহৰ আকৌ কিছুমানে ভাৰতবৰ্ষত প্ৰৱেশ কৰি
ভাৰতবৰ্ষৰ পশ্চিম অঞ্চলবোৰত বসবাস কৰিবলৈ লয়। এওঁলোকে ভাৰতবৰ্ষৰ ৰাজনৈতিক, অর্থনৈতিক আৰু
সাংস্কৃতিক দিশত প্ৰভূত অৰিহণা যোগাই কালক্ৰমত ভাৰতবৰ্ষৰ অবিচ্ছেদ্য জাতি হিচাপে
পৰিগণিত হৈছে।
অসমলৈকো বিভিন্ন সময়ত, বিভিন্ন কাৰণত
বিভিন্ন প্ৰজাতিৰ লোক প্ৰব্ৰজন কৰি আহিছে আৰু তেওঁলোকৰ সংমিশ্ৰণতেই গঢ় লৈ উঠিছে
বৃহত্তৰ অসমীয়া জাতি। প্রত্ন-প্ৰস্তৰ যুগত অসমত মানুহ বসবাস কৰাৰ কোনো বস্তুনিষ্ঠ
প্রমাণ নাই। সেয়েহে ক'ব পৰা যায় যে, অসমৰ সমূহ বাসিন্দা ঘাইকৈ প্ৰব্ৰজনকাৰী।
নৱ-প্ৰস্তৰ যুগত নিষাদ, কিৰাত, আলপাইন, নর্ডিকসকল অসমলৈ
প্ৰব্ৰজন কৰি আহিছিল। তাৰ পাছত কলিতা, ভূঞা সম্প্ৰদায়ৰ মানুহ অসমলৈ প্ৰব্ৰজন
কৰি আহি হাজো অঞ্চলত বসতি স্থাপন কৰিছিল। মুছলমানসকল অসমলৈ প্ৰব্ৰজন কৰি আহিছে
১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজিৰ কামৰূপ আক্ৰমণৰ পাছত। তেতিয়া কোচ সম্প্ৰদায়ৰ মানুহ
কিছুমান ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। ইয়াৰ পাছত মোগলসকলে বহুবাৰ অসম আক্ৰমণ কৰিছে আৰু তাৰ
ফলতো মুছলমানৰ প্ৰব্ৰজন হৈছে। ছুফী শ্বাহ জালালৰ আগমনৰ পাছত চৈধ্য শতিকাৰ পৰা বৰাক
উপত্যকাত ইছলাম ধৰ্মই জনপ্রিয়তা লাভ কৰিছে।
ভাৰতবৰ্ষৰ অধিকাংশ
মুছলমানেই ধর্মান্তৰিত মুছলমান। এই কথা সর্বজন বিদিত যে, চৈধ্যশ বছৰ আগতহে
আৰব দেশত ইছলাম ধৰ্ম প্ৰৱৰ্তন হৈছে। হজৰত মহম্মদৰ জীৱন কালত ইছলাম ধৰ্ম আৰব
দেশসমূহতে সীমাৱদ্ধ আছিল। হজৰত মহম্মদৰ তিৰোভাৱৰ অব্যবহতি কাল পাছতে ছিৰিয়া, পেলেষ্টাইন, তুর্কী, আফগানিস্থান, ইজিপ্ত, উত্তৰ আফ্ৰিকা
আদি দেশত ইছলাম ধৰ্ম প্ৰচাৰ হয়। ভৰতবৰ্ষতো ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা চলোৱা হৈছিল যদিও
বহুদিনলৈকে সফল হ’ব পৰা নাছিল।
অষ্টম শতিকাৰ প্ৰথমভাগত, ৭১২ খ্ৰীষ্টাব্দত
আৰবৰ খলিফাই পঠোৱা মহম্মদ কাছিমে সিন্ধুদেশৰ ৰজা ডাহিৰক
পৰাজিত কৰি নিহত কৰে। সিন্ধুদেশ জয় কৰাৰ পাছত কাছিমে মুলতান অধিকাৰ কৰি ৭২২
খ্ৰীষ্টাব্দত ভাৰতত(বৰ্তমান পাকিস্থান) মুছলমান ৰাজত্বৰ ভেটি স্থাপন কৰে। তেতিয়াৰ
পৰাই ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ হৈছিল যদিও উত্তৰ-পূব ভাৰতলৈ ইয়াৰ
সম্প্ৰসাৰণ ঘটে বহু পাছত।
১২০৬ খ্ৰীষ্টাব্দত
বখতিয়াৰ খিলজিৰ তিব্বত আক্ৰমণৰ সময়তহে উত্তৰ-পূব ভাৰতত মুছলমানৰ আগমন হয়।
তেতিয়া উত্তৰ-পূব ভাৰত বুলিলে বংগ, বিহাৰ, উৰিষ্যাক বুজাইছিল। কাৰণ কামৰূপ বা অসম তেতিয়া
ভাৰতৰ অংগৰাজ্য নাছিল। বখতিয়াৰ খিলজিৰ তিব্বত আক্ৰমণৰ পাছৰ পৰাই উত্তৰ-পূব ভাৰতত
ইছলাম ধৰ্মৰ ব্যাপক প্ৰচাৰ হয়।
হিন্দু ব্রাহ্মণসকলে
সাধাৰণ কথাতে ধর্মচ্যুত আৰু জাতিচ্যুত কৰাটো আছিল সাধাৰণ ঘটনা। কালাপাহাৰ, নবাব জালালুদ্দিন, মুর্ছিদকুলি খানে একমাত্র মুছলমান
ছোৱালীৰ পাণিগ্ৰহণৰ বাবেই ধৰ্মচ্যুত হ'ব লগা হৈছিল। তদুপৰি নানা ধৰ্মীয় বাধা-নিষেধৰ
জৰিয়তে ব্রাহ্মণসকলে সাধাৰণ শ্ৰেণী লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। ফলত বহুতো
হিন্দু ধর্মাৱলম্বী লোক অপেক্ষাকৃত সহনশীল ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। বংগ, বিহাৰ, উৰিষ্যাৰ অধিকাংশ
মুছলমানেই হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান। বংগৰ শতকৰা পঁচাশীজন মুছলমানে
ধর্মান্তৰিত।
ধর্মান্তকৰণ সম্পৰ্কে
ৰমেশ চন্দ্ৰ দত্তই ‘বাংলাৰ কৃষক সমাজ’ নামৰ গ্ৰন্থত
এইদৰে লিখিছে- ‘অতীতত যিবোৰ
শক্তিয়ে এই দেশত ৰাজত্ব কৰিছে, আমাৰ জনসাধাৰণে অতি সহজেই তেওঁলোকৰ আদব-কায়দা, চাল-চলনতো গ্ৰহণ
কৰিছেই, এনেকি প্রয়োজন হ’লৈ ধর্মও গ্ৰহণ
কৰিছে। বাঙালীসকলৰ আধা সংখ্যক লোকেই তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ অতি দ্রুত পৰিৱৰ্তন কৰি মুছলমান
হৈ গৈছে। অৱশ্যে যিবোৰ সুযোগ-সুবিধা পোৱাৰ আশাত এই কাম(ধর্মান্তকৰণ) কৰিছিল, সেইবোৰ বিচাৰি উলিওৱাটো
সিমান টান কামো নহয়। হিন্দু ধৰ্ম তাৰ ধিক্কাৰজনক জাত-পাতৰ
বিচাৰজনিত অত্যাচাৰ সেইসকল হতভাগ্যৰ কাৰণে জমা কৰি ৰাখিছিল, যিসকল একমাত্ৰ
জন্মৰ বাবে নীচকূলৰ লগত যুক্ত আছিল। মুছলমান বিজেতাসকল আহিল, দেশ জয় কৰিলে, লগে লগে ঘোষণা
কৰিলে-সকলো মানুহ সমান। সেয়ে ঘৃণিত অৱহেলিত লোকসকলৰ সন্মুখত নতুন ধৰ্ম গ্ৰহণ কৰাই
আছিল একমাত্ৰ মুক্তিৰ পথ। ধর্মান্তকৰণ কৰি মুছলমান হ’লেই তেওঁলোকে
উচ্চবৰ্ণ ভাইসকলৰ সমপৰ্যায়ত উঠিব পাৰিছিল। এনেকি তেওঁলোকক হেয় চকুৰে চোৱা
উচ্চবৰ্ণ হিন্দুতকৈও ওপৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কাৰণ তেওঁলোক তেতিয়া
ৰাজশক্তিৰ সমধৰ্মী। যদি কেতিয়াবা মানৱ সভ্যতাৰ প্রকৃত ইতিহাস লিখা হয়, তেনেহ'লে দেখা যাব যে, নিন্মবৰ্ণৰ
লোকসকলেই বেছিকৈ ঈশ্বৰ প্ৰেৰিত পুৰুষৰ ধৰ্ম (ইছলাম ধৰ্ম) গ্ৰহণ কৰিছে।' মহাত্মা
গান্ধীয়েও মতপোষণ কৰিছিল যে, ‘অল্পসংখ্যক মুছলমানৰ বাহিৰে ভাৰতৰ বেছি সংখ্যক মুছলমানেই
ধর্মান্তৰিত মুছলমান। তেওঁলোক ভাৰতীয় বংশোদ্ভৱ।' সেয়েহে আজিও পূজা-পাতল দেখিলে বহুতো মুছলমানৰ
গা নাচি উঠে-- হিন্দু সম্প্ৰদায়ৰ বিভিন্ন ধর্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। সৌ
সিদিনালৈকে বহুতো মুছলমানৰ নাম হিন্দু আৰ্হিত (পুৰুষৰ ক্ষেত্ৰত
যাদৱ, মাধৱ, নিলু, মেঘু আৰু নাৰীৰ
ক্ষেত্ৰত তাৰাভানু, জ্যোৎস্না, কাজুলি আদি) ৰখা
হৈছিল— অনভিজাত শ্ৰেণীৰ
মুছলমানে ধুতি পিন্ধিছিল।
কৰ্ণৱালিচৰ চিৰস্থায়ী
বন্দৱক্তৰ ফলত ওঠৰশ শতিকাৰ শেষভাগত ভূমিৰ অধিকাৰ জমিদাৰসকলৰ হাতলৈ যায়। নাঙল আছিল
কৃষকৰ আৰু মাটি আছিল জমিদাৰসকলৰ। জমিদাৰসকলৰ শাসন-শোষণৰ ফলত কৃষকসকল
আৰ্থিক আৰু মানসিকভাবে বিপর্যস্ত হৈ পৰিছিল। জমিদাৰসকলে খাজনাৰ উপৰিও
আমোদ-প্রমোদৰ নামত ‘আবওৱাব’ নামৰ এক প্ৰকাৰ
কৰ আদায় কৰি কৃষকসকলক আর্থিকভাবে শোষণ কৰিছিল। দুবল হাটীৰ হাচাই গাড়ীৰ আস্তান মোল্লাহৰ
প্ৰজা বিদ্ৰোহ আৰু কুষ্টিয়াৰ চামচুদ্দিন আহমেদৰ নেতৃত্বত গা কৰি উঠা কৃষক প্রজা
বিদ্রোহ আছিল এই শাসন-শোষণৰে ফল। জমিদাৰসকলে এই বিদ্রোহ তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ
সহযোগত কঠোৰ হাতেৰে দমন কৰিছিল।
ব্ৰিটেইনত তেতিয়া শিল্প
বিপ্লৱ আৰম্ভ হৈছিল। কৃষকসকলক এশিকনি দিয়াৰ উদ্দেশ্যে জমিদাৰসকলে ট্ৰেক্টৰ কিনি
কৃষকৰ মূৰত বেকাৰত্বৰ বোজা জাপি দিলে। কৃষ । পৈতৃক সম্পত্তি খেতিৰ মাটি
সিহঁতৰ পৰা কাঢ়ি লোৱা হ’ল। ব্ৰিটিছ
চৰকাৰে ইংলেণ্ডৰ কল-ক সমূহত প্রস্তুত হোৱা সামগ্ৰীসমূহ বিক্ৰীৰ কাৰণে ভাৰতীয় সমগ্ৰীৰ
ওপৰত উচ্চহাৰে কৰৰ বোজা জাপি দিলে ৷ চেনি প্রস্তুতৰ ওপৰত শতকৰা ২০০ টকালৈকে শুল্ক
নিৰ্দ্ধাৰণ কৰি দিলে। ইতিহাসবিদ ৰমেশ চন্দ্র মজুমদাৰৰ মতে ‘ভাৰতীয় ৰেচম আৰু কপাহী বস্তুত লাভ ৰাখিও
বিলাতী বস্ত্ৰতকৈ শতকৰা ৫০ টকাৰ পৰা ৬০ টকালৈকে কম দামত বিক্ৰী কৰিব পাৰিছিল। গতিকে
বিলাতী বস্ত্ৰক সুৰক্ষা দিয়াৰ কাৰণে ভাৰতীয় বস্তুৰ ওপৰত ৭০ টকাৰ পৰা ৮০ টকালৈকে শুল্কাৰোপ কৰা
হৈছিল। ঢাকাৰ বিশ্ববিখ্যাত মচলিন কাপোৰৰ কাৰিকৰসকল এই শুল্কাৰোপৰ ফলত বিশেষভাবে
ক্ষতিগ্রস্ত হয়। পূর্ববংগত তেতিয়া অভিজাত আৰু অনভিজাত এই দুই শ্ৰেণীৰ মুছলমান
আছিল। জমিদাৰ আৰু ব্ৰিটিছ চৰকাৰৰ শাসন-শোষণৰ ফলত অনভিজাত শ্রেণীটোৱে বিশেষভাবে ক্ষতিগ্রস্ত হয়।
ইতিমধ্যে ব্ৰিটিছ চৰকাৰে ১৮৮১ চনত মৈমন চিঙীয়া আইন আৰু ১৮৮৬ চনত কৃষি আইন প্রচলন
কৰে। এই আইন মৰ্মে পূৰ্ববংগৰ পৰা বহু মুছলমান অসমলৈ উঠি আহে।'
অসমৰ বেছিভাগ অঞ্চলেই
তেতিয়া ঘন অৰণ্যৰে ভৰা আছিল। মাটিৰ অভাৱ নাছিল। হাবি কাটি ধান সিঁচিলেই মোনে মোনে
ধান উৎপাদন হৈছিল। অসমত জমিদাৰৰো অস্তিত্ব নাছিল। সেয়ে শাসন-শোষণো নাছিল। শান্তিৰে এমুঠি
খোৱাৰ আশাত বংগৰ ভূমিহীন কৃষকসকল পদৱজে, সৰু সৰু নাৱেৰে, দুপইচা থকাসকলে ‘ফেমিলি বেনিফিট কাৰ্ড” লৈ ৰে'ল, জাহাজ আদিৰে
অসমলৈ ঢাপলি মেলিলে। নাও,
জাহাজ আৰু
খোজকাঢ়ি অহাসকলৰ বেছিভাগেই ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত আৰু ৰে’লেৰে অহাসকলে
ভিতৰুৱা অঞ্চলসমূহত আশ্রয় ল’লে। এই আন্তঃপ্ৰব্ৰজনৰ সোঁত প্ৰথম মহাসমৰৰ আগৰ পৰা
আৰম্ভ হৈ দ্বিতীয় মহাসমৰৰ আগলৈকে অব্যাহত আছিল।
এইসকল মুছলমান আর্থিকভাবে
অনগ্ৰসৰ হ’লেও কৃষিকৰ্মত
খুবেই পাৰ্গত আছিল। কঠোৰ পৰিশ্ৰমেৰে মাটিৰ বুকুত প্ৰাণ সঞ্চাৰ কৰিব জানিছিল। এই পৰিশ্ৰমী
মানুহবিলাকে হাবি কাটি অসমী আইক শস্য-শ্যামলা কৰি তুলিলে। মূৰৰ ঘাম মাটিত পেলাই
অসমৰ অৰ্থনীতিত অৰিহণা যোগাবলৈ ধৰিলে। থলুৱা লোকসকলে এওঁলোকৰ পৰা কৃষিৰ নতুন
নতুন কৌশল শিকিবলৈ ধৰিলে। এওঁলোকৰ কৃষিৰ প্ৰতি থকা দক্ষতালৈ চাই থলুৱা লোকসকলে এওঁলোকক সখী, বন্ধু বুলি আদৰি
ল'লে। এওঁলোকেও
নিজৰ পূৰ্বপুৰুষৰ ভাষা-সংস্কৃতিৰ মোহ ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতি সাৱটি ধৰি
সাজ- পোচাক, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিত
অসমীয়া হ’বলৈ যত্নবান হৈ
উঠিল। এওঁলোক মূলতঃ বাংলাভাষী যদিও বাংলাৰ পৰিৱৰ্তে গাঁৱে গাঁৱে অসমীয়া মাধ্যমৰ
বিদ্যালয় স্থাপন কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণত মনোনিৱেশ কৰিলে। অসমীয়া
মাধ্যমত সাহিত্য চৰ্চা কৰিবলৈ ধৰিলে। তেল শোধনাগাৰ স্থাপন আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলনত
থলুৱা অসমীয়াৰ লগত মিলি শোভাযাত্ৰা কৰিলে। শিক্ষিতসকলে অসমীয়া পাৰিচাৰিকা ৰাখি নিজৰ
সন্তানক বাংলাৰ পৰিৱৰ্তে সৰুৰে পৰা অসমীয়া ভাষা শিকাবলৈ ধৰিলে। ইমান প্রচেষ্টা, ইমান ত্যাগৰ
বিনিময়ত এওঁলোকে ন-অসমীয়া বিশেষণ পালে।
বিভেদ আৰু শাসন— এয়াই আছিল
ব্ৰিটিছ শাসকৰ শাসনৰ মূলনীতি। ব্ৰিটিছসকলে শাসনৰ বাঘজৰীডাল চম্ভালিয়ে ভাৰতৰ
ইতিহাস বিকৃত কৰাৰ কাৰণে উঠি-পৰি লাগিছিল। মুছলমান ৰাজত্ব কালত মুছলমান শাসকসকলে হিন্দুৰ ওপৰত
নানা অন্যায়-অত্যাচাৰ কৰিছিল এই কথা প্রতিপন্ন কৰিবলৈ ব্ৰিটিছসকলে
ইতিহাস বিকৃত কৰি লিপিৱদ্ধ কৰিলে। জৱাহৰলাল নেহৰুৱেও ভাৰতৰ ইতিহাস বিহিতভাৱে
লিপিৱদ্ধ কৰা হোৱা নাই বুলি মন্তব্য কৰি গৈছে— ‘ভাৰতীয়সকলে ইংৰাজ ৰচিত ইতিহাস প্রামাণ্য বুলি
স্বীকাৰ কৰি ল’ব পৰা নাই.....এই
মিথ্যাশ্রয়ী ইতিহাসে ভাৰতৰ অতীত গৌৰৱ পদে পদে ক্ষুন্ন কৰিছে; যিসকলক আমি
চিৰদিন সন্মান কৰি আহিছো,
সেইসকল
প্রাতঃস্মৰণীয়ক অৱমাননা কৰিছে আৰু মিছা ভাষণৰ ওপৰত ব্ৰিটিছ ৰাজত্বৰ গৌৰৱময় গাঁথা
ৰচনা কৰিছে।'
এই ইতিহাস বিকৃতিৰ প্ৰধান
কাৰণ আছিল- ভাৰতবৰ্ষ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ এক মিলিত দেশ, এই দুই
সম্প্ৰদায়ৰ মাজত বিভাজন আনিব নোৱাৰিলে তেওঁলোকে ভাৰতবৰ্ষত বেছিদিন
শাসন-শোষণৰ তাণ্ডৱ চলাই থাকিব নোৱাৰিব বুলি মনে-প্রাণে বিশ্বাস কৰিছিল। সেয়ে
ইতিহাস বিকৃতিৰ জৰিয়তে
ভাৰতবৰ্ষৰ্থন যে এক ভাৰতীয় জাতিৰ ভাৰত নহয়, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ভাৰত, ব্ৰিটিছসকলে এই
কথাকে প্রতিপন্ন কৰিব খুজিছিল। এই কার্যত ব্ৰিটিছসকল আশাতীত ধৰণে
সফলো হৈছিল। ভাৰত স্বাধীন হোৱাৰ পাছতো এই বিভেদনীতিৰ বিলুপ্তি নঘটিল। শাসক-শোষক শ্ৰেণীয়ে
স্বাৰ্থ পূৰণৰ হাথিয়াৰ হিচাপে এতিয়াও ‘বিভেদ আৰু শাসন’ এই নীতি জীয়াই ৰাখিছে আৰু প্ৰয়োজন হ’লেই অস্ত্ৰপাত
প্ৰয়োগ কৰি আহিছে।
অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ
পৰা উঠি অহা বাংলাভাষী অসমীয়া মুছলমানসকল যেতিয়া নিজৰ ভাষা-সংস্কৃতি জলাঞ্জলি দি
অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰি অসমীয়া মূল সুঁতিৰ লগত মিলি যাবলৈ যত্নপৰ হ’ল, শোধনাগাৰ আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলনত
অংশ গ্ৰহণ কৰিবলৈ ধৰিলে, তেতিয়া এচাম
ৰাজনৈতিক সুবিধাবাদীৰ মূৰত বজ্রপাত হ’ল। তেওঁলোকে একতাৰ মাজত বিভাজন আনিবলৈ উঠি-পৰি
লাগিল। থলুৱা অসমীয়াৰ মাজত জাপি দিলে বহিৰাগত বহিষ্কাৰ আন্দোলন। বহিৰাগত বুলি কোৱাৰ লগে
লগে বিহাৰী, পাঞ্জাৱীসকলো এই বহিৰাগতৰ
তালিকাত পৰিল। গতিকে বহিৰাগত আন্দোলনে বিশেষ সুবিধা কৰিব নোৱাৰিলে। পাছত বহিৰাগত
শব্দটোৰ পৰিৱৰ্তে বাংলাদেশী শব্দটো আমদানি কৰিলে। ফলত আৰম্ভ হ'ল গোষ্ঠী সংঘর্ষ।
চিলাপথাৰ, খৰিচালা, নেলী আদি ঠাইত শ
শ মুছলমান হত্যা কৰা হ’ল। জ্বলাই দিয়া
হ’ল শ শ ঘৰ-দুৱাৰ। থলুৱা
অসমীয়া, বাংলামূলৰ
মুছলমান, বাঙালী হিন্দু
আদিৰ অসংখ্য যুৱক-যুৱতী, মুনিহ-তিৰোতা, নিষ্পাপ শিশুৰ
তেজেৰে ৰাঙলি হ’ল অসমৰ সেউজ
বুকু। ধর্ষিতা হ’ল অসংখ্য জীয়ৰী- বোৱাৰী। ইমান
দিনে শান্তিপূর্ণভাবে বসবাস কৰি অহা মানুহবিলাক এজন আন এজনৰ শত্ৰু হৈ পৰিল। লুঙী
দাঢ়ি, টুপী দেখিলেই
থলুৱা অসমীয়াই বেদখলকাৰী, চৰুৱা, পমুৱা, মিঞা, বাংলাদেশী বুলি
থকা-সৰকা কৰিবলৈ ধৰিলে। যিবোৰ ঠাইলৈ এজন মুছলমানে দুপৰ নিশালৈ নিৰ্ভয়ে চলাচল কৰিব পাৰিছিল সেইবোৰ
ঠাইলৈ দিনতেই যাবলৈ ভয় কৰা হল। বন্ধুত্ব পৰিণত হ’ল শত্ৰুতালৈ।
অসম নানা জাতি-উপজাতিৰ মিলন
তীৰ্থ । এই মিলনৰ সেঁতুবন্ধন শিথিল হোৱা মানেই এচাম শাসক-শোষকৰ সুবিধা। বাংলাদেশী
শব্দটো যে স্বাৰ্থ ৰণৰ হাথিয়াৰ, নিৰ্বাচনৰ আগে
আগে ভোটাৰ তালিকা সংশোধনৰ সময়ত এই বাংলাদেশী শব্দটোৰ অধিক ব্যৱহাৰে সেই কথাকে
প্ৰমাণ কৰি আছে।
বাংলাভাষী অসমীয়া
মুছলমানসকলেও বাংলাদেশী বহিষ্কাৰ কৰাটো মনে-প্রাণে কামনা কৰে; কিন্তু
বাংলাদেশীৰ নামত যাতে প্রকৃত নাগৰিকক হাৰাশাস্তি কৰাটোহে মাথোন
সমর্থন নকৰে। ৰাজনীতিৰ পাশাখেলত এই মুছলমানসকল সময়ে সময়ে বাৰুকৈয়ে ক্ষতিগ্রস্ত
হ’ব লগা হৈ আছে।
শেহতীয়া লোক পিয়লৰ তথ্য
অনুসৰি অসমত শিক্ষিতৰ হাৰ শতকৰা ৬৪.২৪ শতাংশ, বাংলামূলৰ মুছলমানৰ শিক্ষিতৰ হাৰ মাথোন ৫২.৯ শতাংশহে। ফলত
পৰিকল্পিত পৰিয়ালৰ আদৰ্শ মানি নচলাত এওঁলোকৰ মাজত জন্ম আৰু বাল্যবিবাহৰ হাৰ কিছু
বেছি হোৱাত এওঁলোক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ হৈ আছে। আনহাতে এওঁলোক খুবেই
মৎস্য প্রিয়। গতিকে পর্যাপ্ত মাছ পোৱা দ’ অঞ্চলবোৰত এওঁলোকে বসতি স্থাপন কৰিছিল।
স্বাধীনোত্তৰ কালত অবাধে
বনাঞ্চল ধ্বংস কৰাৰ ফলত সমগ্ৰ অসমব্যাপী বানপানীৰ তাণ্ডৱে দেখা দিছে। ফলত বছৰে
বছৰে হোৱা বানপানীৰ কৱলত পৰি এওঁলোক বাৰুকৈয়ে আর্থিকভাবে জুৰুলা হৈ
পৰিছে। তদুপৰি আছে ব্ৰহ্মপুত্ৰ নদৰ গৰা খহনীয়া। স্বাধীনতাৰ পাছত লাখ লাখ হেক্টৰ
কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ফলত হাজাৰ হাজাৰ মুছলমান ভূমিহীন হৈ অসমৰ
চহৰে-নগৰে জীৱিকাৰ সন্ধানত সিঁচৰতি হৈ পৰিছে। বহুতো পৰিয়াল চুবুৰীয়া ৰাজ্য
নগালেণ্ডলৈ গৈ কৃষিকাৰ্য কৰি জীৱন নিৰ্বাহ কৰি আছে। চহৰ-নগৰলৈ যোৱা বিলাকে
দিন-মজুৰি, ঠেলা, ৰিক্সা, অটো চলাই পেটৰ ভাতমুঠি মোকলাই
আছে। বাংলাদেশীৰ নামত এইবোৰ কাৰ্যতো এওঁলোক সময়ে সময়ে সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আছে।
সমগ্র বিশ্বব্যাপী
সম্প্রতি মনুষ্যত্বৰ সংকট ঘণীভূত। এই সংকট কালত মুছলমানসকল ৰাজনৈতিক, অর্থনৈতিক, প্রাকৃতিক এশ
এবুৰি সমস্যাত জৰ্জৰিত হৈ বৰ্তমান হীনমান্যতাত ভুগিব লগা অৱস্থাত উপনীত হৈছে। ইয়াৰ মাজতো
এওঁলোকে নিজৰ নিজস্বতা ত্যাগ কৰি অসমীয়া মূল সুঁতিৰ লগত মিলি যোৱাৰ বাবে
অহৰহ চেষ্টা চলাই আছে। কিন্তু নানা কাৰণত এওঁলোকৰ সেই প্রচেষ্টা ব্যাহত হৈছে।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম তেতিয়াৰ পূৰ্ববংগৰ ঢাকা চহৰত হৈছিল, আনন্দৰাম
বৰুৱাদেৱে কৰ্মজীৱনৰ সৰহভাগ সময় বংগদেশৰ বিভিন্ন অঞ্চলত অতিবাহিত কৰি গৈছে।
যোৱা ১৯৯৮ চনৰ অসম সাহিত্য
সভাৰ বাঘবৰত অনুষ্ঠিত চৰ-চাপৰি সন্মিলনত তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি ড০ নগেন
শইকীয়াই এই মুছলমানসকলক লুইত পৰীয়া জাতি বুলি আখ্যায়িত কৰিছিল। গতিকে
এইসকল স্বনামধন্য ব্যক্তিসকলৰ কথা সুঁৱৰি এই মুছলমানসকলক যদি অকনমান সৌহৃদ্যৰ দৃষ্টিৰে চোৱা
হয়, তেনেহ'লে এওঁলোক
অসমীয়া মূল সুঁতিৰ লগত মিলি যাবলৈ অধিক সুবিধা হ’ব। মুছলমানসকলে থলুৱাসকলৰ পৰা এইখিনি সৌহৃদ্যকে
মনে-প্রাণে কামনা কৰে।
(অগ্রদূত-০৫-০৫-২০০২)
অসমীয়া ভাষা আৰু বংগীয়
মূলৰ মুছলমান।
ঊনবিংশ শতিকাৰ অসমৰ
ইতিহাসক অন্ধকাময় আৰু বেদনাৰ যুগ বুলি অভিহিত কৰা হয়। আহোম ৰাজত্বৰ শেষৰ দহক
কেইটাত আহোম ৰজাসকলৰ অকর্মণ্যতা, অপৰিণামদর্শিতা
আৰু ৰাজ বিষয়াসকলৰ পাৰস্পৰিক খিয়লা-খিয়লিৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত নানা
বিদ্ৰোহ গা কৰি উঠিছিল। এই বিদ্ৰোহসমূহৰ ভিতৰত মোৱামৰীয়া বিদ্রোহ, ডফলা-চিংফৌ
কু-অভিসন্ধি আদিয়ে প্রধান। বদন বৰফুকনৰ আহ্বানক্রমে ১৮১৮ চনত কুখ্যাত মান
বাহিনী অসমলৈ আহে আৰু ১৮১৮ চনৰপৰা ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীলৈকে নাৰকীয় তাণ্ডৱ
চলায়। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু মানৰ মাজত ঐতিহাসিক ইয়াণ্ডাবু সন্ধি
স্বাক্ষৰিত হয়। ফলত অসম ব্ৰিটিছৰ অধীনলৈ যায়। ব্ৰিটিছৰ অধীনলৈ যোৱাৰ অৱ্যবহতি
কাল পাছৰ পৰা প্রশাসনিক স্বাৰ্থৰ খাতিৰত ব্ৰিটিছৰ পৃষ্ঠপোষকতাত অসমত বাংলা ভাষা প্রচলন কৰা
হয়। ১৮৩০ চনত ডেভিড স্কটে কেইজনমান ইংৰাজৰ সমৰ্থনত ‘গৌহাটী মিশ্বন
স্কুল’ নামকৰণেৰে যিখন
ইংৰাজী মাধ্যমৰ স্কুল প্রতিষ্ঠা কৰে তাত ইংৰাজীৰ লগতে বাংলা ভাষা শিকোৱাৰ ব্যৱস্থা
কৰে। ডেভিড স্কটে প্রতিষ্ঠা কৰা স্কুলসমূহত বাংলা ভাষা শিকোৱা হ’ব বুলি ১৮৩০ চনৰ ৩০ জুলাইৰ ‘সমাচাৰ দৰ্পণ’ত এটি লেখা
প্রকাশ কৰা হয়। ডেভিড স্কটৰ পৰৱৰ্ত্তী প্রশাসক ৰবিন্সন
জেকিন্সে প্রতিষ্ঠা কৰা স্কুলসমূহতো বাংলা ভাষা শিকোৱাৰ ব্যৱস্থা কৰা হয়। এইদৰে
ব্ৰিটিছ প্ৰশাসনৰ পৃষ্ঠপোষতাত বাংলা ভাষাই অসমত নিজৰ আসন দখল কৰি লয়। ইয়াৰ ফলত ১৮৩৬ চনত
অসমৰ আদালতসমূহৰ পৰা অসমীয়া ভাষা সম্পূৰ্ণৰূপে বহিস্কৃত হয়। ইয়াৰ পাছত প্ৰায় তিনিটা দহক
ব্যাপী অসমত বাংলা ভাষাৰ আধিপত্য অব্যাহত থাকে। ফলত অসমৰ শিক্ষিত অসমীয়াই বাংলা
ভাষাত সাহিত্য চৰ্চা কৰিবলৈ বাধ্য হৈ পৰে। মহেশ্বৰ নেওগদেৱে লিখা অসমীয়া সাহিত্যৰ ‘ৰূপৰেখা’ নামৰ সাহিত্যৰ
ইতিহাসত উল্লেখ কৰা মতে হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাত অসম বুৰঞ্জী লিখি
উলিয়াইছিল আৰু তেওঁৰ ভায়েক যজ্ঞৰাম ফুকনে ইংৰাজী কবিতা বাংলা ভাষাত অনুবাদ
কৰিছিল।
আমেৰিকাৰ ব্যপ্তিষ্ট
মিছনাৰী ইউনিয়নৰ বিদেশ সচিব মাইলছ ব্রুনছন চাহাবে লিখা প্রতিবেদন অনুসৰি অসমীয়া
ভাষাৰ বিপৰ্যয়ৰ কাৰণ আছিল ব্ৰিটিছ প্ৰশাসনৰ অসমীয়া ভাষা সম্বন্ধে অজ্ঞতা
আৰু প্ৰশাসনিক সুবিধা। ব্ৰিটিছসকলে অসমীয়া ভাষা আৰু বাংলা ভাষাৰ মাজত কোনো ধৰণৰ
প্ৰভেদ দেখা নাপাইছিল ৷
তেওঁলোকে অসমীয়া ভাষাক বাংলা ভাষাৰ দোৱান বুলি ভাবিছিল। এই ক্ষেত্ৰত তেতিয়া
অসমলৈ চাকৰি কৰিবলৈ অহা প্রবাসী বাঙালী আমোলাসকলৰ প্ৰৰোচনাও কিছু পৰিমাণে দায়ী আছিল
বুলি বহুতে ক’ব বিচাৰে।
অৰ্থনৈতিক কাৰণতে তেওঁলোকে অসমীয়া ভাষাৰ কোনো স্বকীয়তা নাই বুলি ব্ৰিটিছ
প্ৰশাসনক পতিয়ন নিয়াবলৈ যত্ন কৰিছিল।
প্রাক্ জোনাকী যুগৰ
প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, ব্ৰনছন চাহাব আদিৰ লগতে আন বহুতো সচেতন লোকে অসমীয়া ভাষা
পুনঃ প্ৰচলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল যদিও ৰবিন্সনৰ লগতে আন বহুতো অসমীয়া ভাষা
বিৰোধী লোকে সেই প্রচেষ্টাত হেঙাৰ হৈ থিয় দিছিল। ৰবিন্সন চাহাবে ১৮৬৩ চনত অৱসৰ
গ্ৰহণ কৰাৰ পাছত অসমীয়া ভাষা পুনঃ প্ৰচলনৰ বাট কিছু প্রশস্ত হয়। ১৮৭৩ চনৰ ৯
মাৰ্চত অসমীয়া ভাষা পুনঃ প্ৰচলনৰ বাবে ২১৫ জন লোকৰ স্বাক্ষৰ সম্বলিত এখন আবেদন চৰকাৰৰ ওচৰত
দাখিল কৰে। উক্ত আবেদন মর্মে জর্জ কেম্বলে চাহাবে অসমীয়া ভাষা
পুনঃ প্ৰচলনৰ বাবে বিবেচনা কৰিবলৈ বাধ্য হয় আৰু উক্ত চনৰে ২৯ এপ্ৰিলত অসমীয়া
ভাষা পুনঃপ্ৰচলনৰ সিদ্ধান্ত লয়। এই সিদ্ধান্ত মর্মে চৰকাৰৰ ন্যায়
বিভাগে আদালতত অসমীয়া ভাষা প্রচলনৰ বাবে নির্দেশ দিয়ে।
অসমীয়া ভাষা পুনঃ প্রচলন
হ’ল যদিও নানা
দুৰ্যোগৰ কাৰণে অসমীয়া ভাষী লোকৰ সংখ্যা বাংলা ভাষী লোকৰ তুলনাত সংখ্যালঘু হৈয়ে
থাকিল৷ তেতিয়াৰ লোক
পিয়লসমূহলৈ দৃষ্টিপাত কৰিলে এই কথা স্পষ্ট হৈ পৰে। ভাৰতবৰ্ষত ১৮৯১ চনত প্ৰথমবাৰৰ
কাৰণে লোক পিয়ল অনুষ্ঠিত হয়।। উক্ত লোকপিয়লৰ তথ্য অনুসৰি শতকৰা ২২ জন অসমীয়াভাষী
লোকৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা আছিল শতকৰা ৪৮ জন। বাকী অংশই নিজক পৰ্বতীয়া উপভাষী
বুলি পৰিচয় দিছিল। ১৯২১ চনৰ লোক পিয়লৰ তথ্য অনুসৰি ১.৩৯ লাখ অসমীয়া ভাষীৰ
বিপৰীতে বাংল্যভাষীৰ সংখ্যা আছিল ৪.০৬ লাখ। ১৯৩১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ১.৬১
লাখ অসমীয়া ভাষীৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ৪.৭৬ লাখ। দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে ১৯৪১ চনত
লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল। দেশ স্বাধীন হোৱাৰ পাছত এই দৃশ্যপট্ৰ অভাৱনীয়
প্ৰৱৰ্তন ঘটিল। অৰ্থাৎ ১৯৫১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৬.৮৭ লাখ অসমীয়া ভাষীৰ
বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা হয়গৈ মাথোন ১.৯৩ লাখ। (Socio Economic crisis in Assam- 1981 Written by B.N.
Choudhury)
হঠাৎ এই দৃশ্যপট্ সলনি
হোৱাৰ কাৰণ হিচাপে তলত উল্লেখ কৰা কাৰকসমূহক চিহ্নিত কৰিব পাৰি-(১) দেশ স্বাধীন
হোৱাৰ আগত ছিলেট আৰু ৰংপুৰ জিলা অসমৰ লগত সংলগ্ন আছিল। দেশ স্বাধীন হোৱাৰ পাছত এই দুখন জিলা
পূর্বপাকিস্থানৰ লগত সংলগ্ন হোৱাত বাংল্যভাষী লোকৰ সংখ্যা হ্রাস
পায়।
(২) ব্ৰিটিছ শাসন কালত
চাকৰিসূত্ৰে বহুতো বাংলাভাষী আমোলাৰ অসমলৈ আগমন হৈছিল। সিহঁতৰ লগত সিহঁতৰ
অঙহী-বঙহীও আহিছিল। দেশ স্বাধীন হোৱাৰ পাছত সিহঁতৰ বহুতে অসমৰ পৰা গুচি যায়। ফলত বাংলাভাষী
লোকৰ সংখ্যা হ্রাস পায়।
(৩) চাহ বাগানত কাম
কৰিবলৈ অহা অনা-অসমীয়াভাষী লোক আৰু শিখসকলে ব্যক্তিগত জীৱনত মিশ্ৰিত অসমীয়া ভাষা
ব্যৱহাৰ কৰিলেও দেশ স্বাধীন হোৱাৰ পাছত নিজক অসমীয়া ভাষী বুলি পৰিচয়
দিবলৈ আৰম্ভ কৰে।
(৪) ব্ৰিটিছ শাসন কালত
নামনি অসমৰ বহুতো লোকে নিজক বাংলাভাষী বুলি পৰিচয় দিছিল। অসমীয়া ভাষা পুনঃপ্রচলনৰ
সময়তো এইসকল লোকে হেঙাৰ হৈ থিয় দিছিল। এনেকি দেশ স্বাধীন হোৱাৰ সময়তো এই সকল
লোকে অসমক বংগৰ লগত সংলগ্ন কৰিবলৈ চেষ্টা কৰিছিল; কিন্তু এই
প্রচেষ্টাত বিফল হৈ স্বাধীনোত্তৰ কালত তেওঁলোকে নিজক অসমীয়া ভাষী বুলি পৰিচয়
দিবলৈ আৰম্ভ কৰে।
এইবোৰ কাৰকসমূহৰ উপৰিও
এই দৃশ্যপট্ সলনিৰ সিংহভাগ কৃতিত্বৰ দাবীদাৰ হ’ল ব্ৰিটিছ শাসন কালত বৃহত্তৰ অসমৰ মৈমন সিং, ঢাকা, ৰাজসাহী, বগুৰা, এলাসিন, খুলনা, ৰংপুৰ আদি জিলাৰ
পৰা অসমলৈ উঠি অহা বাংলাভাষী মুছলমানসকল। এই লোকসকলক প্রব্রজিত মুছলমান বুলি কোৱা
হয় যদিও প্ৰকৃতাৰ্থত এওঁলোকে প্ৰব্ৰজন কৰি অহা নাছিল।
নিজ দেশৰ ভিতৰত মাথোন স্থানহে পৰিৱৰ্তন কৰিছিল। প্ৰব্ৰজনৰ
আভিধানিক অর্থ অনুসৰি বেলেগ দেশৰ পৰা আহিলেহে প্ৰব্ৰজিত বুলি কোৱা হয়। বাংলাভাষী
মুছলমানসকল আজিৰ পৰা পাঁচ-ছশ বছৰ আগৰে পৰা প্ৰাগজ্যোতিষ-কামৰূপ, কমতা তথা বৃহত্তৰ
অসমৰ কোচৰাজ্যৰ বাসিন্দা আছিল। এটা সময়ত প্ৰাগজ্যোতিষ-কামৰূপৰ সীমা সুন্দৰবনলৈকে বিস্তৃত আছিল
বুলি বিভিন্ন তথ্যৰ পৰা জনা যায়। ১৫১৫ খ্ৰীষ্টাব্দত কোচ ৰজা বিশ্বসিংহই কামৰূপত
কোচৰাজ্য প্রতিষ্ঠা কৰে। তেওঁৰ ৰাজ্যৰ সীমা পূবে বৰনদী আৰু
পশ্চিমে কোচবিহাৰ, মৈমন সিং, ৰংপুৰ, বণ্ডুকা আদিলৈ
বিস্তৃত আছিল। প্ৰাগজ্যোতিষ কামৰূপৰ সীমা পূবে দিকৰাই নৈ আৰু পশ্চিমে সুন্দৰবৰ্নলৈকে
বিস্তৃত আছিল। অষ্টম শতাব্দীৰ পাছত প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিভাগ কামপীঠ, ৰত্নপীঠ, সুৱৰ্ণপীঠ আৰু
সৌমাৰপীঠ নামেৰে চাৰিটা ভাগত বিভক্ত কৰা হয়। এই বাংলাভাষী মুছলমানসকল
কামপীঠৰ অধিবাসী আছিল। ১৫৯৬ চনত মোগলে বংগ অধিকাৰ কৰাৰ পাছত কেইবছৰমানহে তেওঁলোক মোগলৰ
অধীনত আছিল। ব্ৰিটিছ শাসন কালতো এওঁলোক বৃহত্তৰ অসমৰ বাসিন্দা আছিল। কোচবিহাৰ, মৈমন সিং, ৰংপুৰ, ঢাকা আদি ঠাইসমূহৰ লগত
উজনি অসমৰ বেহা-বেহাৰ চলিছিল। কোচৰাজ্যৰ নামনিৰ প্ৰজাসকলে উজনি লৈ আহি বেহা-বেপাৰ
বা বসবাস কৰিছিল আৰু উজনিৰ পৰাও নামনিৰ অঞ্চলসমূহলৈ গৈ বেহা-বেপাৰ বা
বসাবস কৰিছিল। ফলত নামনিৰ পৰা উজনিলৈ গীত-মাত, সংস্কৃতিৰ আদান-প্রদান হৈছিল। মহাপুৰুষ মাধৱদেৱৰ ককায়েক
দামোদৰদেৱৰ জন্ম বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰৰ বণ্ডুকাত হোৱাটোৱে এই
কথাকে প্রমাণ কৰে। পৰৱৰ্ত্তী সময়তো আনন্দ ৰাম বৰুৱা, কলাগুৰু বিষ্ণু
ৰাভাৰ দেউতাক চৰ্দাৰ গোপাল চন্দ্ৰ ৰাভাই বংগৰ ঢাকা ডিভিজনত চাকৰি কৰিছিল। বিষ্ণু
প্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত হৈছিল।
এই বাংলাভাষী মুছলমানসকল
ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত ব্ৰিটিছৰ পৃষ্ঠপোষকতাত বৃহত্তৰ অসমৰ নামনিৰ বিভিন্ন
অঞ্চলৰ পৰা অসমলৈ উঠি আহিছিল। কাৰণ ঊনৈছ শতিকাত ৰাজনৈতিক, অর্থনৈতিক আৰু প্ৰাকৃতিক কাৰণত অসমৰ জনসংখ্যা
অভাৱনীয়ৰূপে হ্রাস পাইছিল। জনসংখ্যা হ্ৰাসৰ কে’বাটাও কাৰণ আছিল। তাৰ ভিতৰত ১৮১৮ চনৰ পৰা ১৮২৬
চনলৈ মান বাহিনীয়ে চলোৱা বৰ্বৰ আক্ৰমণ, ১৮৯৭ চনৰ প্ৰবল ভূমিকম্প আৰু ১৮৯১ চনৰ পৰা
১৯০১ চনলৈ চলা কলাজ্বৰৰ প্ৰকোপ আদিয়ে মুখ্য আছিল। এইবোৰ দুৰ্যোগৰ ফলত নগাঁও জিলাৰ
২৫ শতাংশ, কামৰূপ জিলাৰ ৭ শতাংশ, মংগলদৈ মহকুমাৰ ৯
শতাংশ লোক ক্ষয় হৈছিল বুলি জনা যায়। আনহাতে নামনি অসমৰ জনসংখ্যা উজনি অসমতকৈ
যথেষ্ট বেছি আছিল।
১৯১১ চনত মৈমন সিং জিলাত
য’ত প্রতি
বর্গকিলোমিটাৰত ২৮০ চন লোক বাস কৰিছিল, উজনি অসমৰ সেই পৰিমাণ ভূমিত বাস কৰিছিল মাথোন ৩১ জন লোক। ফলত
উজনি অসমৰ বহু কৃষি উপযোগী ভূমি অনাবাদী হৈ পৰি আছিল। যাৰ ফলত তেতিয়াৰ ব্ৰিটিছ
চৰকাৰৰ যথেষ্ট ৰাজহ ক্ষতি হৈছিল। সেয়ে ব্ৰিটিছ চৰকাৰে নামনিৰ
নিঃস্ব-ৰিক্ত কৃষিকৰ্মত পাৰ্গত ভূমিহীন লোকসকলক উজনিলৈ উঠি আহিবলৈ উৎসাহিত কৰিছিল।
এই কাৰ্যৰ বাবে তেতিয়াৰ অসমৰ সুসন্তান গুণাভিৰাম বৰুৱাদেৱেও চৰকাৰক পৰামৰ্শ দিছিল। ফলত
ভূমিহীন মানুহবিলাক ভূমিৰ সন্ধান পাই কামপীঠৰ পৰা অসমলৈ বিশেষ
উজনিৰ ৰত্নপীঠ আৰু সুৱৰ্ণপীঠলৈ উঠি আহে।
কিন্তু ৰাজনৈতিক স্বাৰ্থৰ
খাতিৰত ১৯২০ চনত বৰপেটা আৰু নগাঁও জিলাত লাইন প্ৰথা প্ৰয়োগ কৰি
সিহঁতক জলাশয় আৰু নৈপৰীয়া অঞ্চলত বসবাস কৰিবলৈ বাধ্য কৰোৱা হয়। সিহঁতে কোনো
ধৰণৰ আপত্তি নকৰাকৈ মানুহ বসবাসৰ অনুপযোগী ঠাইসমূহকে বসবাসৰ উপযোগী কৰি গঢ়ি
তুলিলে আৰু অনাবাদী ভূমিক শস্য-শ্যামলা কৰি তুলিলে। একমাত্ৰ ধৰ্মৰ বাহিৰে নামনি
অসমৰ ভাষা-সংস্কৃতি
ত্যাগ কৰি উজনিৰ ভাষা সংস্কৃতিক আদৰি ল'লে। দেশ স্বাধীন হোৱাৰ পাছত এই প্ৰক্ৰিয়া অধিক
খৰতকীয়া হৈ উঠে।
এই বাংলাভাষী মুছলমানসকলে
উজনি অসমৰ ভাষা-সংস্কৃতি আদৰি লোৱাৰ কাৰণ হিচাপে তলত উল্লেখ কৰা কাৰ্কসমূহকে
চিহ্নিত কৰিব পাৰে।
(১) ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ শাসনভাৰ গ্ৰহণ কৰাৰ
আগত ভাৰতবৰ্ষৰ শাসন ক্ষমতা যিসকলৰ হাতত আছিল তেওঁলোক আৰব, ইৰাণ, আফগানিস্থান আদি দেশৰপৰা
প্ৰব্ৰজন কৰি আহিছিল৷ তেওঁলোকৰ ভাষা আছিল আৰবী, পাৰ্চী অথবা পাৰ্চীৰ পৰা উদ্ভূত ভাষা উর্দূ।
তেওঁলোকৰ লগত আত্মীয়তা তথা একাত্মতা প্রকাশৰ বাবে বহুতেই তেতিয়া উর্দূ বা
পাৰ্চী শিকিছিল। দৰবাৰৰ ভাষা পাৰ্চী হোৱাৰ কাৰণেও বহু চাকৰি প্রত্যাশী লোকে পাৰ্চী
শিকিবলৈ ব্যধ্য হৈছিল। বৃহত্তৰ অসমৰ নামনিৰ অধিকাংশ মুছলমান বৌদ্ধ ধৰ্মৰ পৰা ধৰ্মান্তৰিত।
গাঁও অঞ্চলৰ অর্থনৈতিকভাবে দুর্বল লোকসকলেহে অধিক পৰিমাণে ধর্মান্তৰিত
হৈছিল। গতিকে সিহঁতে অর্থনৈতিক আৰু ৰাজনৈতিক কাৰণত পাৰ্চী ভাষা শিকাৰ পৰা বঞ্চিত
হৈছিল। ফলত সিহঁতে নিজা নিজা অঞ্চলৰ ভাষাৰেই ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰিছিল।
এটা অঞ্চলৰ ভাষাৰ লগত আন এটা অঞ্চলৰ ভাষাৰ পাৰ্থক্যও আছিল যথেষ্ট। ইফালে সেইসমূহ কথিত আঞ্চলিক
ভাষাৰ লগত অসমীয়া ভাষাৰ যথেষ্ট সাদৃশ্য আছিল। অসমীয়া ভাষা নিজে ক’ব নোৱাৰিলেও
অসমীয়া ভাষী লোকৰ কথা মোটা-মুটি বুজিব পাৰিছিল। গতিকে উজনি লৈ উঠি অহাৰ পাছত
অর্থনৈতিকভাবে কিছু সবল হোৱাত স্থানীয় অসমীয়া লোকৰ সহযোগিতাত অসমীয়া মাধ্যমৰ পঢ়াশালি স্থাপন
কৰি শিক্ষা গ্ৰহণত ব্ৰতী হয় আৰু স্বাধীনোত্তৰ কালত ১৯৫১ চনত অনুষ্ঠিত লোকপিয়লত
নিজৰ মাতৃভাষা অসমীয়া বুলি পৰিচয় দি অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা
কৰাৰ বাট প্রশস্ত কৰি তোলে।
ইয়াৰ মুখ্য কাৰণ আছিল
দুটা- (১) নামনি অসমত থাকোঁতে বাংলাভাষী জামিদাৰ, মহাজনৰদ্বাৰা অত্যাচাৰিত আৰু শোষিত হৈছিল। অসমত
বাংলাভাষা প্ৰচলন হ’লে সিহঁত পুনৰ
বাংলাভাষী জমিদাৰ, মহাজনৰ দ্বৰা
অত্যাচাৰিত আৰু শোষিত হ’ব লাগিব বুলি ভয়
কৰিছিল। সেয়ে তেতিয়াৰ মুছলমান বুদ্ধিজীৱী সকলে মাতৃভাষা অসমীয়া লিখিবলৈ
সিদ্ধান্ত লৈছিল।
(২) উজনিলৈ উঠি অহাৰ পাছত
স্থানীয় অসমীয়া লোকসকলে সিহঁতৰ লগত বন্ধুসূলভ ব্যৱহাৰ কৰিছিল আৰু প্ৰয়োজনত নানা
প্ৰকাৰে সহায়-সহযোগিতা কৰিছিল। ফলত স্থানীয় মানুহৰ বন্ধুত্বসূলভ ব্যৱহাৰত
অভিভূত হৈ অসমীয়া মূল সুঁতিৰ লগত একাত্ম হ’বলৈ মাতৃভাষা অসমীয়া লিখাইছিল। ১৯৬০ চনত অসমীয়া
ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পোৱাৰ বাবে দাবী উত্থাপন হোৱাৰ লগে লগে
বাংলাভাষী আৰু জনজাতীয় লোকসকল ইয়াৰ বিৰুদ্ধে প্রতিবাদ মুখৰ হৈ উঠে আৰু ছিলঙৰ
অসমীয়া ভাষা বিৰোধী বিক্ষোভে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অসমীয়া ভাষী আৰু
বাংলাভাষীৰ মাজত ঠায়ে ঠায়ে সংঘৰ্ষৰো সূত্রপাত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ
ৰঞ্জিত বৰপূজাৰীৰ হত্যাই পৰিস্থিতি অধিক জটিল কৰি তোলে৷ গুৱাহাটীৰপৰা ৰাজ্যৰ বিভিন্নি
প্ৰান্তলৈ অশান্তি বিয়পি পৰে। কাছাৰতো ইয়াৰ প্ৰভাৱ পৰে। পৰিস্থিতি ইমানেই বেয়া
হৈ পৰে যে, বিক্ষোভকাৰীৰ
ওপৰত ঠায়ে ঠায়ে গুলী চালনাও কৰা হয়। এনেকুৱা পৰিস্থিতিতো নামনিৰপৰা
উঠি অহা বাংলাভাষী মুছলমানসকলে বাংলাভাষী লোকক সমৰ্থন নকৰি অসমীয়া ভাষী লোকক সমর্থন কৰে। ফলত
অসমীয়া ভাষাই উক্ত চনৰ ১০ অক্টোবৰৰ পৰা ৰাজ্যিক ভাষাৰ মৰ্যদা পাবলৈ সক্ষম হয়।
১৯৭২ চনত অসমত মাধ্যম (শিক্ষাৰ
মাধ্যম) আন্দোলন আৰম্ভ হয়। মাধ্যম আন্দোলনত মুছলমানসকলে অসমীয়া ভাষাৰ সমৰ্থনত
সক্রিয়ভাবে অংশ গ্রহণ কৰে আৰু আন বহুতো ছহিদৰ লগত বাংলাভাষী মুছলমান
সন্তান মোজাম্মিল হক ছহিদ হৈ এক অনন্য উদাহৰণ দাঙি দৰে। লক্ষ্যণীয় যে, যি অসমীয়া ভাষাক শিক্ষাৰ
মাধ্যম হিচাপে স্বীকৃতি পোৱাৰ বাবে আন্দোলন কৰা হ’ল সেই অসমীয়া ভাষাক শিক্ষাৰ ক্ষেত্ৰৰ পৰা
জলাঞ্জলি দিয়াৰ বাবে উঠিপৰি লাগিছে তথাকথিত অসমীয়া ভাষা প্ৰেমীসকলে। ইয়াৰ
দৃষ্টান্ত হ’ল অসমৰ চোকে-কোণে
বেং ছাতিৰ দৰে গজি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ। নিজক অসমীয়া
ভাষী বুলি পৰিচয় দিয়া লোকসকলে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ
হেতা-ওফৰা লগাইছে। পক্ষান্তৰে বাংলাভাষী অসমীয়া মুছলমানসকলে নিজৰ সন্তানক
অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ জীয়াই ৰাখিছে।
এই লোকসকলৰ বহুতে সাহিত্য সভাৰ লগত ওতঃপ্ৰোত জড়িত হৈ সাহিত্য চর্চাতো ব্ৰতী হৈছে।
সাহিত্যসেৱী আৰু সাহিত্যানুৰাগী লোকৰ প্ৰচেষ্টাত বাংলা মূলৰ অসমীয়া মুছলমান অধ্যুষিত
অঞ্চলত সাহিত্য সভাৰ দৰে কে’বাটাও গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত কৰি অসম আৰু অসমীয়া
ভাষাৰ প্ৰতি আনুগত্যৰ প্ৰমাণ দিছে।
তথাপিও এই লোকসকলক সময়ে
সময়ে (দাঢ়ি, লুঙী পিন্ধা
মানুহ দেখিলেই) বাংলাদেশী বুলি প্রচণ্ড আঘাত দি থকা হৈছে। অথচ এই লোকসকল ১৯১১ চন বা তাৰ
আগৰ পৰাই এই অঞ্চলত বসবাস কৰাৰ তথ্য আছে। এওঁলোকে মনে-প্রাণে বিদেশী বহিষ্কাৰৰ
পোষকতা কৰে; কিন্তু এওঁলোকক সন্দেহযুক্ত
বাংলাদেশীৰ গইনা পিন্ধাই ইচ্ছাকৃতভাবে এলাগী কৰি ৰখা হৈছে। অথচ বাংলাদেশী
চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব
পাৰিলেহেঁতেন। বহুতে এওঁলোকক বাংলাদেশীৰ ৰক্ষক বুলি অপবাদ দিব খোজে যদিও আচলতে এই
অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন।
স্বাধীনোত্তৰ কালত এই
মুছলমান সকলেই যে অসমীয়া ভাষা সংখ্যগুৰু হৈ থকাত সিংহভাগ লৈ আছে, বিগত লোকপিয়লৰ
তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰে। ১৯৫১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমীয়া ভাষীৰ সংখ্যা আছিল
৫৬.৭ শতাংশ, (ইয়াৰে শতকৰা
৭২.৪ জন হিন্দু আৰু ২৪.৩ শতাংশ মুছলমান আছিল।) ১৯৭১ চনৰ লোকপিয়লত
অসমীয়া ভাষীৰ সংখ্যা ৬০.৮৯ শতাংশলৈ বৃদ্ধি পায়; কিন্তু ১৯৯১ চনৰ লোক পিয়লত ৫৭.৮১ আৰু ২০০১ চনৰ
লোকপিয়লত এই সংখ্যা ৪৮.৮০ শতাংশলৈ হ্রাস পায়। এই হ্ৰাসৰ কাৰণ
হিচাপে ১৯৮০ চনৰ অসম আন্দোলনকে দায়ী কৰিব পাৰি। কাৰণ এই আন্দোলনৰ
সময়ত বাংলাভাষী অসমীয়া মুছলমানসকলে অযথা হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল ।
ফলত ১৯৯১ আৰু ২০০১চনৰ লোক পিয়লত তেওঁলোকৰ কিছুসংখ্যকে অভিমানবশতঃ
মাতৃভাষা বাংলা লেখাইছিল। বৰ্তমান অসমত অসমীয়া ভাষী মুছলমানৰ সংখ্যা ৩২.৬ জন। ইয়াৰে ২২ শতাংশ
বাংলাভাষী মুছলমান আৰু বাকী ১২.৬ শতাংশ অসমীয়া মুছলমান। এই পৰিসংখ্যাৰ পৰা দেখা গ'ল যে, এই মুছলমানসকলৰ কিছুসংখ্যকে
অর্থাৎ ১.৬ শতাংশই ইতিমধ্যে নিজৰ মাতৃভাষা বাংলা বুলি পৰিচয় দিছে। যাৰ ফলত বাংলা
মূলৰ অসমীয়া মুছলমানৰ সংখ্যা ২২ শতাংশলৈ হ্ৰাস পাইছে। এতিয়া বাকীবোৰেও যদি
নিজৰ মাতৃভাষা বাংলা বুলি পৰিচয় দিয়ে, তেনেহ'লে অসমীয়া ভাষীৰ সংখ্যা শতকৰা ৩০ ৰ কিছু ওপৰতহে থাকিবগৈ।
অসমীয়া ভাষীৰ সংখ্যা
বাংলাদেশীৰ অবৈধ প্ৰব্ৰজনৰ ফলত হ্রাস পোৱা বুলি প্ৰচাৰ কৰা হয় যদিও সেয়া একেবাৰে
ভিত্তিহীন অভিযোগ। আচলতে ভৈয়ামৰ জনজাতীয় লোকসকলৰ কাৰণেহে অসমীয়া
ভাষীৰ সংখ্যা অধিক হ্রাস পাইছে। কাৰণ ভৈয়ামৰ জনজাতীয় লোকসকলে ইতিমধ্যে নিজৰ ভাষা-সংস্কৃতিৰ
প্ৰতি উদ্বুদ্ধ হৈ অসমীয়া ভাষাক অস্বীকাৰ কৰি লোকপিয়লসমূহত নিজৰ নিজৰ মাতৃভাষা
লেখাইছে। ফলত অসমীয়া ভাষীলোকৰ সংখ্যা অভাৱনীয়ৰূপে হ্রাস পাইছে। ভৈয়ামৰ
জনজাতীয় লোকসকলে এই প্ৰক্ৰিয়া সম্প্ৰতি আৰম্ভ কৰিলেও, পাহাৰৰ জনজাতি
লোকসকলে এই প্রক্রিয়া বহু পূৰ্বতেই আৰম্ভ কৰিছিল। সাংস্কৃতিক আৰু
ভাষিক প্রাধান্য হেৰুৱাৰ ভয়তে খাচীয়া আৰু গাৰোসকলে ১৯৭২ চনত স্বতন্ত্র মেঘালয়
ৰাজ্য গঠন কৰিছে। ১৯৬০ চনত নগাসকল ফালৰি কাটি গৈছে। একেদৰে মিজোৰাম, অৰুণাচল ৰাজ্য
গঠন হৈছে। জনজাতি লোকসকলৰ এই ভাঙোনমুখী মনোভাৱলৈ লক্ষ্য কৰি ১৯৭২ চনৰ ৭ নৱেম্বৰত
তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে (National Commission of Assam re-organisation and North-East Area Act-1971ৰ জৰিয়তে অসম, নগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, তেতিয়াৰ
কেন্দ্ৰীয় শাসিত মিজোৰাম আৰু অৰুণাচলৰ মাজত সহযোগিতা বৃদ্ধি
আৰু উন্নয়নৰ বাবে নৰ্থ-ইষ্ট কাউন্সিল গঠন কৰি এইকেইখন প্রদেশক একেলগ কৰি ৰখাৰ
প্ৰচেষ্টা হাতত লৈছিল; কিন্তু একমাত্র
ভাষিক প্ৰাধান্য হেৰুৱাৰ
ভয়তে কোনো এখন ৰাজ্যই ইন্দিৰা গান্ধীৰ এই প্ৰচেষ্টাত সহযোগিতা কৰা নাছিল।
জনজাতীয় লোকসকল ইতিমধ্যে
নিজৰ নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি একাত্ম হৈ অসমীয়া ভাষাক অস্বীকাৰ কৰিছে, মুছলমানসকলেও যদি
তাকে কৰে অসমত অসমীয়া
ভাষা সংখ্যলঘু হৈ পৰাটো নিশ্চিত।( অৱশ্যে মুছলমানসকলে এয়া মনে-প্রাণে কামনা
নকৰে।) অৱশ্যে এয়া অনুমানহে মাথোন। অনুমান যদি কিবা কাৰণত বাস্তৱ ৰূপ লয়, তেনেহ'লে অসমীয়া ভাষাৰ
অৱস্থা কি হ’ব পাৰে এই বিষয়ে
অসমীয়া বুদ্ধিজীৱীসকলে চিন্তা-চৰ্চা কৰাটো উচিত হ’ব বর্তমান পৰিস্থিতিত।
(বিঃদ্ৰঃ- ২০০৩ চনৰ লেখাৰ লগত কিছু তথ্য নতুনকৈ
সংযোজন কৰা হৈছে।)
(অগ্রদূত-৩১-০৮-২০০৩)
নিন্মতম দুটা
সন্তান আৰু শিক্ষাগত অহতা সম্পৰ্কীয় আইন।
জন্মনিয়ন্ত্ৰণ আৰু
নাৰীশিক্ষাক উৎসাহিত কৰাৰ কাৰণে যোৱা ২০১৭ চনৰ ১৫
চেপ্টেম্বৰত অসম চৰকাৰে দুটা সন্তান আৰু নিন্মতম শিক্ষাগত অৰ্হতা
সম্পৰ্কীয় আইন প্রণয়ন কৰিছে। দুটা সন্তান সম্পৰ্কীয় আইনখন চৰকাৰী চাকৰিয়াল, স্থানীয় নিকায়
তথা পঞ্চায়ত প্রতিনিধিসকলৰ বাবে প্ৰযোজ্য হ’ব আৰু নিন্মতম শিক্ষাগত অৰ্হতা সম্পৰ্কীয়
আইনখন স্থানীয় নিকায়ৰ প্ৰতিনিধিসকলৰ বাবে প্রযোজ্য হ’ব। স্থানীয়
নিকায়ৰ প্রতিনিধিসকলৰ বাবে নিন্মতম শিক্ষাগত অৰ্হতা এনেদৰে নিৰ্দ্ধাৰণ
কৰিছে- জিলা পৰিষদ সদস্য স্নাতক, পঞ্চায়ত সভাপতি তথা আঞ্চলিক পঞ্চায়ত সদস্য উচ্চতৰ
মাধ্যমিক আৰু ৱাৰ্ড সদস্য
অষ্টম শ্রেণী উত্তীর্ণ হ’ব লাগিব। ইয়াৰ
বাবে ১০০০ কোটী টকা ধার্য কৰা হৈছে বুলিও বিত্তমন্ত্রী হিমন্তবিশ্ব শৰ্মাই ঘোষণা
কৰিছে।
আইনখন গৃহীত হোৱাৰ পাছত
প্ৰথমাৱস্থাত বিশেষ প্রতিক্রিয়া প্ৰকাশ হোৱা নাছিল যদিও নিৰ্বাচনৰ দিন চমু চাপি
অহাৰ লগে লগে বিভিন্ন মহলত বিভিন্ন ধৰণৰ প্ৰতিক্রিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
অশিক্ষিতসকল নিৰুৎসাহিত হোৱাৰ বিপৰীতে শিক্ষিতসকল উৎসাহিত হৈ উঠিছে।
আইনখন গৃহীত হোৱাৰ ফলত
নিৰ্বাচন খেলিবলৈ পাং পাতি থকা বহুতৰে আশাত চেঁচা পানী পৰা পৰিলক্ষিত হৈছে। আগতে
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বহুতো প্ৰাৰ্থীয়ে ঘঁহি-মাজি চহীটো
শিকিবলৈ যত্ন কৰিছিল; কিন্তু এইবাৰ তাৰ
ওলোটা ছবিহে দেখা গৈছে। অর্থাৎ এইবাৰ মেট্ৰিক উত্তীর্ণসকলে উচ্চতৰ মাধ্যমিক
আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণ সকলে স্নাতক হোৱাৰ বাবে যো-জা চলাইছে। শিক্ষাৰ
ক্ষেত্ৰত যেনে-তেনে ডিগ্ৰীলৈ বিকল্প ব্যৱস্থা কৰিব পাৰিলেও
দুটা সন্তানৰ ক্ষেত্ৰত কোনো বিকল্পৰ আশা নাই। ফলত বহুতে মূৰে-কপালে হাত দিব লগা
হৈছে। ইয়াৰপৰা এষাৰ কথা অনুমান কৰিব পাৰি যে, আইনখনে জন্মনিয়ন্ত্ৰণ আৰু শিক্ষাৰ ক্ষেত্ৰখনত
ইতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত। আইনখনে মাতব্বৰী প্ৰথাৰ বিৰুদ্ধেও ইতিবাচক
প্ৰভাৱ পেলাব বুলি আশা
কৰিব পাৰি। আগতে ধন আৰু জনবলে নির্বাচনবোৰ নিয়ন্ত্ৰণ কৰিছিল। এই আইনখনে ধন আৰু
জনবলৰ প্ৰভাবো বিনষ্ট কৰিব বুলি ধাৰণা কৰিব পাৰি। দুই চাৰিজনে এই আইনৰ বিৰুদ্ধে
আদালতৰ শৰণাপন্ন হ’ব পাৰে বুলি
ধাৰণা কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত নিৰাশ হোৱাটো প্ৰায় নিশ্চিত।
আইনখন প্ৰণয়নৰ ক্ষেত্ৰত
অসমে প্ৰথম ৰাজ্য নহয়। কাৰণ অসমৰ আগতে ১১খন ৰাজ্য অন্ধ্ৰপ্ৰদেশ, হিমাচল প্রদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, মধ্যপ্রদেশ, ছত্তিছগড়, হাৰিয়ানা, বিহাৰ, ৰাজস্থান, উত্তৰাখণ্ড আৰু
গুজৰাট চৰকাৰে দুটা সন্তান সম্পৰ্কীয় বেলেগ বেলেগ সময়ত আইন প্রণয়ন কৰিছে। দুটা
সন্তান সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে
হাৰিয়ানা চৰকাৰক প্ৰত্যাহ্বান জনাই ডব্লিউ পি (চি) নং ৩০২/২০০১ (জাভেদ আৰু
অন্যন্য বনাম হাৰিয়ানা চৰকাৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।
৩০-০৭-২০০৩ তাৰিখে মহামান্য উচ্চতম ন্যয়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে উক্ত গোচৰ
খাৰিজ কৰি চৰকাৰৰ দুটা
সন্তান সম্পৰ্কীয় আইনখন বৈধ বুলি ৰায়দান কৰিছে। অৱশ্যে পৰৱৰ্ত্তী পৰ্যায়ত দুটা
সন্তান সম্পর্কীয় আইনখন ২০০৫ চনত হাৰিয়ানা চৰকাৰে বাতিল
কৰিছে। হাৰিয়ানাৰ পাছত মধ্যপ্রদেশ, ছত্তিশগড় আৰু হিমাচল প্রদেশে আইনখন বাতিল
কৰিছে বুলি জানিব পৰা গৈছে।
২০১৫ চনত হাৰিয়ানা
চৰকাৰে পঞ্চায়ত প্রতিনিধিৰ নিন্মতম শিক্ষাগত অৰ্হতা সম্পৰ্কীয় আইন প্রণয়ন কৰাৰ
পাছত ইয়াৰ সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই ডব্লিউ পি (চি) নং ৬৭১/২০১৫
(ৰাজবালা আৰু অন্যান্য বনাম হাৰিয়ানা চৰকাৰ আৰু অন্যান্য) গোচৰ ৰুজু কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ
দুজনীয়া খণ্ড বিচাৰপীঠে ১০-১২-২০১৫ তাৰিখে উক্ত গোচৰ খাজি কৰি হাৰিয়ানা চৰকাৰৰ
পঞ্চায়ত প্রতিনিধিৰ নিৰ্ধাৰিত নিম্নতম শিক্ষাগত অৰ্হতাক সাংবিধানিক
বৈধতা প্রদান কৰিছে।
২০১৪ চনৰ ডিচেম্বৰত
ৰাজস্থান চৰকাৰে ২তম সংশোধনীৰ জৰিয়তে পঞ্চায়তীৰাজ অধিসূচনা-২০১৪ জাৰী কৰি জিলা
পৰিষদ, সভাপতি আৰু সদস্যৰ ক্ষেত্ৰত
নিন্মতম শিক্ষাগত অৰ্হতা নিৰ্দ্ধাৰণ কৰি আইন প্রণয়ন কৰিছে। বিহাৰ চৰকাৰে ২০১৫ চনত
স্থানীয় নিকায় নির্বাচনত শিক্ষাগত অৰ্হতাৰ লগতে অন্যান্য
কিছুমান বিধি নিৰ্দ্ধাৰণ কৰি আইন প্রণয়ন কৰিছে। যেনে- প্ৰাৰ্থীৰ ঘৰত কাৰ্যক্ষম
চেনিটাৰী ব্যৱস্থা থকাৰ লগতে প্ৰাৰ্থী সমবায় ঋণ, বেংক ঋণ তথা বিদ্যুত বিল খেলাপী হ’ব নোৱাৰিব। লগতে
প্ৰাৰ্থীৰ বিৰুদ্ধে দহ বছৰলৈকে কাৰাদণ্ড হ’বপৰা কোনো গোচৰ চলি থাকিলেও নির্বাচনত প্রতিদ্বন্দ্বিতা
কৰাৰ বাবে অযোগ্য বুলি বিবেচিত হ'ব।
ৰাজস্থান চৰকাৰে পঞ্চায়ত
প্রতিনিধিৰ ক্ষেত্ৰত নিম্নতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰি প্ৰণয়ন কৰা আইনৰ সাংবিধানিক
বৈধতাক প্রত্যাহ্বান জনাই
ন’ৰাটি আৰু
অন্যান্যই ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে ডিবিচিডব্লিউপি নং ১২৪১৩/২০১৫ গোচৰযোগে
ৰাজস্থানৰ মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। মহামান্য
উচ্চ ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠে ২২-০১-২০১৬ তাৰিখে উক্ত গোচৰ খাৰিজ কৰি
ৰাজস্থান চৰকাৰৰ নিন্মতম শিক্ষাগত অৰ্হতা সম্পর্কীয় আইনখন বৈধ
বুলি ৰায়দান কৰিছে। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই
চিভিল আপিল ৭১০২/২০১৬ নং গোচৰযোগে মহামান্য উচ্চতম ন্যায়ালয়ত ন’ৰাটি আৰু
অন্যান্যই আপিল কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া খণ্ড বিচাৰপীঠত
উক্ত আপীল বিচাৰাধীন
হৈ আছে। আগৰ ৰায়কেইটালৈ লক্ষ্য কৰি এই আপীলৰ ৰায়ো ৰাজস্থান চৰকাৰৰ সপক্ষে যাব
বুলি ধাৰণা কৰিব পাৰি। গতিকে আমাৰ অসমৰ ক্ষেত্ৰত প্ৰণয়ন কৰা নিন্মতম দুটা
সন্তান আৰু শিক্ষাগত অৰ্হতা সম্পৰ্কীয় আইনখনে বহুতৰে আশাত চেঁচা পানী ঢালিলেও
দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে আটায়ে মানি ল’বলৈ বাধ্য হ’ব বুলি ধাৰণা কৰিব পাৰি।
ভাৰত এখন উন্নয়নশীল দেশ।
শিক্ষা আৰু স্বাস্থ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনে আশানুৰূপ ধৰণে উন্নয়ন কৰিব
পৰা নাই। ইয়াৰ কাৰক হিচাপে অধিক জন্মৰ হাৰকে দায়ী কৰিব পাৰি। যদিও ভাৰতৰ
জন্মৰ হাৰ ১৯৬৬ চনৰ শতকৰা ৫.৭ ৰ পৰা ২০১২ চনলৈকে শতকৰা ২.৪ লৈ হ্রাস পাইছে তথাপিও বিশ্বৰ
বহু দেশৰ তুলনাত আমাৰ দেশৰ জন্মহাৰ উৰ্দ্ধগামী হৈয়ে আছে। ভাৰতত সম্প্রতি প্রতি ২০
দিনত ১ লাখ জীৱিত শিশুৰ জন্ম হয়। এই হাৰে জনসংখ্যা বৃদ্ধি হৈ থাকিলে এই শতিকাতে
জনসংখ্য ২০০ কোটী চেৰাই যাব বুলি ধাৰণা কৰা হৈছে। অসমৰ ক্ষেত্ৰত জন্মৰ হাৰ ২০০৫-০৬
চনৰ শতকৰা ২.৪ ৰ
তুলনাত ২০১৫-১৬ চনলৈ ২.২ শতাংশলৈ হ্ৰাস পাইছে যদিও প্রতি কিলোমিটাৰত জনসংখ্যাৰ
ঘনত্ব ১৯৫১ চনৰ ১০২ জনৰ পৰা ২০১১ চনলৈকে ৩৯৭ জনলৈ বৃদ্ধি পাইছে। ফলত
জন্মনিয়ন্ত্ৰণ আৰু শিক্ষাৰ প্ৰসাৰৰ কাৰণেই ৰাজনীতিৰ ক্ষেত্ৰত দুটা সন্তানৰ ধাৰণা
পোষকতা কৰা হৈছে। অৱশ্যে এই ধাৰণা আজিৰ নহয়।
১৯৯২ চনত পোনপ্ৰথমে ‘নেচনেল
ডেভেলপমেন্ট কাউন্সিলে’ এই বিষয়ে
সিদ্ধান্ত লৈ কেৰেলাৰ তদানীন্তন মুখ্যমন্ত্ৰী কে, কৰুণাকৰণৰ নেতৃত্বত নিৰ্বাচিত
প্রতিনিধিৰ দুটা সন্তান সম্পর্কীয় প্রতিবেদন প্রস্তুতৰ বাবে এখন কমিটি গঠন কৰি
দিছিল। উক্ত কমিটিয়ে পঞ্চায়তকে আদি কৰি কেইবাটাও ক্ষেত্ৰত
নিৰ্বাচিত প্রতিনিধিৰ নিন্মতম দুটা সন্তানৰ পোষকতা কৰি ১৯৯৩ চনত এখন প্রতিবেদন
দাখিল কৰিছিল। অৱশ্যে এই প্রতিবেদন প্রকাশ হোৱাৰ আগতেই ৰাজস্থান
চৰকাৰে নগৰ নিকায়ৰ নিৰ্বাচনসমূহত নিৰ্বাচিত প্রতিনিধিৰ নিন্মতম দুটা সন্তান থকাটো
বাধ্যতামূলক কৰিছিল। অসম চৰকাৰে কিছু পলমকৈ হ'লেও আইনখন প্রণয়ন কৰাৰ কাৰণে প্ৰশংসা দাবী
কৰিব পাৰে।
আইনখনে জন্মনিয়ন্ত্রণ, শিক্ষা আৰু
স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি। বাল্যবিবাহ ৰোধৰ
ক্ষেত্ৰতো আইনখনে ফলপ্ৰসূ ভুমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰিব পাৰি। সেয়ে দেশৰ বৃহত্তৰ স্বাৰ্থৰ
প্ৰতি লক্ষ্য ৰাখি আটায়ে আইনখনৰ প্ৰতি সঁহাৰি জনোৱাটো উচিত।
(জনসাধাৰণ-৫-০১-১৮)
ব্যক্তিৰ গোপনীয়তাক
মৌলিক অধিকাৰ
প্ৰদান কৰিলে
উচ্চতম ন্যায়ালয়ে
তিনি তালাকক অসাংবিধানিক
বুলি ৰায় দিয়াৰ দুদিন পাছতে নাগৰিকৰ গোপনীয়তাক ২৪ আগষ্টত মৌলিক অধিকাৰ হিচাপে
স্বীকৃতি দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি জগদীশ সিং খেহৰৰ অধ্যক্ষতাত
গঠিত নয় জনীয়া সাংবিধানিক বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান
কৰিলে। ‘ছ’ছিয়েল
ওৱেলফেয়াৰ স্কীম’ৰ সুবিধা লাভৰ
বাবে কেন্দ্ৰীয় চৰকাৰে আধাৰকাৰ্ড বাধ্যতামূলক কৰিছিল। ফলত ইয়াৰ বিৰুদ্ধে কৰ্ণাটক
উচ্চন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি কে, চি, পট্টস্বামী, ‘নেচনেল কমিচন ফৰ প্ৰ’টেকশ্বন অৱ
চাইল্ড’ৰ প্ৰতিষ্ঠাপক
অধ্যক্ষ মেগেচেচ বঁটা প্ৰাপ্ত শান্তা সিন্হা আৰু গৱেষক কল্যাণী সেন মেননে উচ্চতম
ন্যায়ালয়ত অভিযোগ দাখিল কৰিছিল।
আধাৰ কাৰ্ড সংক্রান্ত
অভিযোগৰ শুনানিৰ বাবে ২০১৫ চনৰ ১১ আগষ্টত তিনিজনীয়া সাংবিধানিক বিচাৰপীঠ গঠন কৰি
দিয়া হৈছিল। উক্ত বিচাৰপীঠে চলিত বৰ্ষৰ ৭ জুলাইত কৈছিল যে, আধাৰকাৰ্ডৰ লগত সম্পর্কিত সকলো অভিযোগৰ শুনানি
এখন বৃহৎ বিচাৰপীঠে গ্ৰহণ কৰিব আৰু প্রধান বিচাৰপতিয়ে এখন সাংবিধানিক বিচাৰপীঠ
গঠন কৰি দিব। প্রধান বিচাৰপতিৰ ওচৰত অভিযোগ অহাৰ লগে লগে তেওঁ নাগৰিকৰ গোপনীয়তাক মৌলিক অধিকাৰ
প্ৰদান কৰিবপৰা যায, নে নাযায় এই
বিষয়ে সিদ্ধান্ত ল’বলৈ এখন
পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠ গঠন কৰি দিছিল। এই বিচাৰ পীঠে ১৮জুলাইত ৯
জনীয়া বিচাৰপীঠ গঠনৰ সিদ্ধান্ত লৈছিল।
নজনীয়া বিচাৰপীঠৰ
অধ্যক্ষ আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি জগদীশ সিং খেহৰ আৰু তেওঁৰ লগত
সহযোগী বিচাৰপতি আছিল বিচাৰপতি চেলেমেশ্বৰ, বিচাৰপতি এচ এ
বোবড়ে, বিচাৰপতি আৰ কে
আগৰৱাল, বিচাৰপতি আৰ এফ
নৰিমন, বিচাৰপতি অভয়
মনোহৰ চাপে, বিচাৰপতি ডি ওৱাই
চন্দ্ৰচূড়, বিচাৰপতি
সঞ্জয়কৃষ্ণ কৌল আৰু বিচাৰপতি আব্দুল নাজিৰ। শুনানিত অংশ গ্ৰহণ কৰিছিল এটর্নি
জেনেৰেল বেনুগোপাল, অতিৰিক্ত চলিচিটৰ
জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিৱক্তা
অৰবিন্দ দাতাৰ, কপিল ছিব্বাল, গোপাল
সুব্রমণিয়াম, শ্যাম দীৱান, আনন্দ গ্ৰোভাৰ, চি, এম সুন্দৰম আৰু ৰাজেশ
দ্বিৱেদী। নজনীয়া বিচাৰপীঠে প্রথম পৰ্যায়ত তিনি সপ্তাহ ব্যাপী শুনানি গ্ৰহণ কৰাৰ
পাছত ২আগষ্টলৈকে ৰায়দান স্থগিত ৰাখিছিল।
এই মামলাৰ শুনানিৰ বাবে
কিয় ৯ জনীয়া বিচাৰ পীঠ গঠন কৰিব লগা হ'ল! ১৯৫৪ বৰ্ষত এম পি শৰ্মাৰ গোচৰৰ ভিত্তিত ৮
সদস্যৰ এখন সাংবিধানিক বিচাৰপীঠে ৰায় দিছিল যে, ব্যক্তিগত গোপনীয়তা মৌলিক অধিকাৰ নহয়। ১৯৬২
চনত খড়গ সিংহৰ গোচৰৰ ভিত্তিত শীর্ষ আদালতৰ ৬ সদস্যৰ
সাংবিধানিক বিচাৰপীঠে পুনৰ একেই ৰায় দিছিল। তাৰ বাবেই ন জনীয়া সাংবিধানিক
বিচাৰপীঠ গঠন কৰি সেই ৰায়দানৰ সত্যতা নিৰূপনৰ কাৰণে সিদ্ধান্ত
লোৱা হৈছিল।
সাংবিধানিক বিচাৰপীঠে
ব্যক্তিগত ‘ইনফৰমেচন’ৰ বিষয়ে চিন্তা
প্রকট কৰি কৈছে যে, সম্প্ৰতি
তথ্য-প্রযুক্তিৰ যুগত গোপনীয়তা ৰক্ষা কৰাটো হাৰমনা যুঁজৰ দৰে হৈ
পৰিছে। জীৱন আৰু ব্যক্তিগতস্বাধীনতাৰ অধিকাৰৰ লগত ওতপ্রোতভাবে জড়িত হৈ আছে
নাগৰিকৰ গোপনীয়তাৰ অধিকাৰো।
সংবিধানৰ ২১ নম্বৰ ধাৰাত
এই দুবিধ মৌলিক অধিকাৰৰ কথা কোৱা হৈছে। আদালতৰ মতে সেয়ে গোপনীয়তা মৌলিক অধিকাৰৰ
পৰ্যায়তে পৰে। কেন্দ্ৰীয় চৰকাৰৰ পক্ষত কে, কে বেনুগোপালে কয় যে, গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে কোৱা যাব পাৰে; কিন্তু সকলো
ক্ষেত্ৰতে মৌলিক অধিকাৰ হিচাপে গণ্য কৰিবপৰা নাযায়। কিয়নো গোপনীয়তাৰ অধিকাৰ জীয়াই
থকাৰ অধিকাৰতকৈ ডাঙৰ হ’ব নোৱাৰে। তেওঁ
আৰু কৈছে- গোপনীয়তা ধূসৰ আৰু অনিশ্চিত অধিকাৰ। ইয়াক দুখীয়া মানুহৰ জীয়াই থকা, খোৱা-বোৱাৰ
অধিকাৰৰ ক্ষেত্ৰত প্ৰাথমিকতা দিবপৰা নাযায়।
অভিযোগকাৰীসকলৰ তৰফৰপৰা
জ্যেষ্ঠ অধিৱক্তা সুব্রমণিয়ামে যুক্তি দাঙি ধৰে যে, সংবিধানে স্বাধীনতাৰ অধিকাৰ দিছে আৰু
স্বাধীনতাৰ অধিকাৰ গোপনীয়তাৰ অধিকাৰৰ লগত সাঙোৰ খাই আছে। স্বাধীনতা আৰু সমানতা অবিহনে
গোপনীয়তা ৰক্ষা কৰা সম্ভৱ নহয়। কংগ্ৰেছৰ তৰফৰপৰা কপিল ছিব্বালে
কৈছে- তথ্য-প্রযুক্তিৰ অগ্ৰগতিলৈ লক্ষ্য কৰি ব্যক্তিগত গোপনীয়তাৰ ওপৰত নতুনকৈ
চিন্তা-চৰ্চা কৰাটো প্ৰয়োজন হৈ পৰিছে। নাগৰিকৰ গোপনীয়তাৰ
অধিকাৰ সম্পূৰ্ণ অধিকাৰ হ’ব নোৱাৰে যদিও ই
এক মৌলিক অধিকাৰ। কোর্টে ইয়াৰ সন্তুলন ৰক্ষা কৰিব লাগিব। প্রাক্তন কেন্দ্রীয়
মন্ত্রী পি চিদাম্বৰমে কৈছে- এই আইনৰ ফলত সংবিধানৰ ২১তম অনুচ্ছেদৰ তাৎপর্য বৃদ্ধি পালে।
১৯৪৭ চনত আমি যি স্বাধীনতা লাভ কৰিছিলো সেয়া আৰু
সমৃদ্ধ হ’ল। কংগ্ৰেছ নেতা
ছলমন খুৰশিদে কৈছে- ব্যক্তিৰ গোপনীয়তা মৌলিক অধিকাৰ- আমাৰ গণতন্ত্ৰত ইয়াৰ
সুদূৰপ্ৰসাৰী তাৎপর্য আছে। যিবোৰ শক্তি আমাৰ জীৱনত অনধিকাৰ প্ৰৱেশ কৰিব বিচাৰিছে
এতিয়া তাৰ পৰাজয় উদ্যাপন কৰক। চিপিএম নেতা সীতাৰাম ইয়েচুৰিয়ে কৈছে- যিসকলে চৰকাৰৰ এই অশুভ
প্ৰচেষ্টাক ৰুধিবলৈ যুঁজ কৰিছে তেওঁলোকক অভিনন্দন। শ্যাম দীৱানে কৈছে-চকু আৰু
আঙুলিৰ ছাপ মোৰ নিজৰ চৰকাৰৰ নহয়। কংগ্ৰেছ শাসিত হিমাচল প্রদেশ, কর্ণাটক, পঞ্জাৱ, পণ্ডিচেৰি আৰু
তৃণমূল শাসিত পশ্চিম বংগ চৰকাৰে এই ৰায়ক স্বাগত জনাইছে।
এই ৰায়ে এগৰাকী
ব্যক্তিৰ নিজৰ আন্তৰিক সংঘৰ্ষ, পাৰিবাৰিক মৰ্যদা, বিবাহ, গৃহ, যৌন সম্বন্ধ, জীয়াই থকাৰ ধৰণ, ব্যক্তিৰ আকাংক্ষা, জীৱন শৈলী আদি ব্যক্তিজনৰ
নিজস্ব বুলি স্বীকৃতি প্রদান কৰিলে, ফলত ইয়াৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।
যদি ৰে'লৱে, এয়াৰ লাইঞ্চে
আসন সংৰক্ষণৰ কাৰণে
ব্যক্তিৰ তথ্য বিচাৰে এই ক্ষেত্ৰত ব্যক্তিয়ে তথ্য দিবলৈ অস্বীকাৰ কৰিব পাৰিব।
ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাৰ ফলত ভুক্তভোগীয়ে আদালতলৈও যাব
পাৰিব। গৰে ডিএনএ, ব্লাড, ফিংগাৰ প্রিন্ট
আদি নিজৰ ৷ ৰাখিব পাৰিব; কিন্তু এই
ক্ষেত্ৰত চৰ্ত থাকিব যে, সেই তথ্য সাৰ্বজনীন কৰিব
নোৱাৰিব। হোৱাটচএপ, ফেচবুক আৰু গুগলৰ
দৰে চাৰ্জ ইঞ্জিনসমূহে ব্যক্তিৰ তথ্য বেলেগক প্ৰদান কৰিব নোৱাৰিব। এইদৰে আৰু বহুকেইটা
বাধ্যবাধকতা আহিল পৰিল ব্যক্তিগত তথ্য সৰৱৰাহৰ ক্ষেত্ৰত। কেন্দ্ৰীয় চৰকাৰে আধাৰ
কাৰ্ডক প্রায় সকলো ক্ষেত্ৰতে বাধ্যতামূলক কৰি তোলাৰ যি
প্ৰক্ৰিয়া আৰম্ভ কৰিছিল এই ৰায়ৰ ফলত সেই ক্ষেত্ৰতো বাধা সৃষ্টি হ’ল। ফলত আধাৰ
কাৰ্ডৰ ভৱিষ্যতক লৈ প্ৰশ্ন চিহ্ন আহি পৰিল৷ এতিয়া চৰকাৰে আধাৰ
কাৰ্ড সংক্রান্ত নিয়ম-কানুন নতুনকৈ চিন্তা কৰাৰ প্ৰযোজনীয়তা আহি পৰিল।
(জনসাধাৰৰণ- ৩১-০৮-১৭)
প্ৰসংগঃ
স্বাধীনতা দিৱসৰ আহ্বান
এইবাৰৰ স্বাধীনতা দিৱস
বানপানীৰ লগত সহাৱস্থান কৰি পালন কৰিলে ৰাজ্যবাসীয়ে। অসমৰ নানা ঠাইত একঁকাল পানীৰ
মাজত পতাকা উত্তোলন কৰা দেখা গ'ল। অসমৰ ধুবুৰী জিলাৰ মুছলিম বহুল ফকিগঞ্জ থানা
এলেকাৰ অন্তৰ্গত নক্সাৰী প্ৰাথমিক বিদ্যালয়ত এবুকু পানীৰ মাজত জাতীয় পতাকা উত্তোলন কৰা
দৃশ্য ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান পাইছে। ইয়াৰ জৰিয়তে দেশপ্ৰেমৰ এক অনন্য
নিদর্শন সংবাদ মাধ্যম আৰু ছ'ছিয়েল মিডিয়াযোগে সমগ্ৰ দেশৰ মানুহে প্রত্যক্ষ কৰিলে। মুছলমানৰ
দেশপ্রেমকলৈ প্রশ্ন উত্থাপন কৰাৰ সময়ত এই দৃশ্য ভাইৰেল হৈ পৰাত এই ঘটনাই
স্বাভাৱিকতে তাৎপর্য বহন কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত
তিনি তালাক, সন্ত্রাসবাদ, আস্থাৰ নামত হিংসা, দুর্নীতি-ভ্ৰষ্টাচাৰৰৰ
লগতে জাতিবাদ, সম্প্রদায়বাদ, আতংকবাদ নির্মূলৰ
বাবে দেশবাসীক আহ্বান জনাইছে। স্বাধীনতাৰ ৭১ বছৰ পাছতো আমাৰ দেশত
জাতিবাদ, সম্প্রদায়বাদ
তথা দুর্নীতি আদি কিয় মূল সমস্যা হৈ আছে? ব্ৰিটেইনৰ প্ৰাক্তন প্রধান মন্ত্রী ডেভিড
কেমেৰুনে এটি সাক্ষাতকাৰত কৈছিল- ‘ভৱিষ্যত বিশ্বৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আছে
তাৰ এটা হ’ল সুস্থ ও
কাৰ্যকৰ গণতন্ত্র প্রতিষ্ঠা। গণতন্ত্র মানে মাথোন মেয়াদ শেষ হোৱাৰ পাছত নির্বাচন নহয়, সকলো অধিকাৰ
সমুন্নত ৰখাটোহে গণতন্ত্ৰৰ মূল উদ্দেশ্য। তেওঁ আৰু কৈছে- মাথোন উন্নয়ন নহয়, উন্নয়ন কৰিবলৈ
হলে উন্নত গণতন্ত্র প্রতিষ্ঠা কৰাটোও অপৰিহাৰ্য।' ভাৰত এখন ধৰ্ম
নিৰপেক্ষ গণতান্ত্রিক দেশ। অর্থাৎ সকলোৱে নিজৰ ধৰ্ম পালন আৰু আচৰণৰ অধিকাৰ আছে। ধৰ্ম হ’ল আধ্যাত্মিক
বস্তু। মানসিক প্রশান্তি আৰু সামাজিক শান্তিৰ বাবে ধৰ্মাচৰণ কৰা হয়।
ৰাজনীতিৰ লগত ধৰ্মৰ
প্ৰকৃতাৰ্থত কোনো প্রত্যক্ষ সম্পর্ক নাই। কিন্তু ধর্মক সম্প্ৰতি ৰাজনীতিৰ লগত
একাকাৰ কৰি পেলাইছে। ফলত আমাৰ গণতন্ত্ৰ বৰ্তমান ধৰ্ম আৰু জাতিৰ মাজতে
সীমাৱদ্ধ হৈ আছে। কাৰণ গণতান্ত্রিক দেশ এখনত প্রার্থী বা ৰাজনৈতিক দল চাইহে ভোট
প্রদান কৰিব লাগে; কিন্তু আমি
এতিয়ালৈকে ধৰ্ম আৰু জাতিৰ নামতহে ভোট প্রদান কৰি আছো। মুছলিম বহুল এলেকাত হিন্দু
আৰু হিন্দু বহুল এলেকাত মুছলমান প্ৰাৰ্থীক ভোট প্ৰদানৰ মানসিকতা আমাৰ মাজত এতিয়ালৈকে
গঢ়ি উঠা নাই । অর্থাৎ আমাৰ ভোটাৰসকল ধৰ্ম আৰু জাতিৰ নামত ভাগ ভাগ হৈ ভোট প্রদান
কৰি আছে।
ফলত ভাৰতত সুস্থ আৰু
কাৰ্যকৰ গণতন্ত্র এতিয়ালৈকে প্ৰতিষ্ঠা হ’ব পৰা নাই। ভোটাৰ তথা গণতন্ত্ৰৰ এই দুৰ্বলতাৰ
সুযোগ লৈ এচাম ধুৰন্ধৰ ৰাজনীতিবিদে ধৰ্ম আৰু জাতিক নিৰ্বাচনৰ হাতিয়াৰ
হিচাপে ব্যৱহাৰ কৰি আছে আৰু নানা কৌশলেৰে ভোটাৰসকলক ভাগ ভাগ কৰি ৰখাৰ কাৰণে সচেষ্ট হৈ আছে।
যাৰ ফলত আমাৰ দেশত মাজে মাজে সাম্প্ৰদায়িক আৰু জাতিগত সংঘৰ্ষ সংঘটিত হৈছে।
এমনেষ্টি ইণ্টাৰনেচনেল আৰু মানৱ অধিকাৰ ৱাটচৰ প্ৰতিবেদনত প্রকাশ পাইছিল যে, ভাৰতত ২০০৫
চনৰপৰা ২০০৯ চনলৈ প্ৰতিবছৰ গঢ়ে ১৩০ জন লোকৰ সাম্প্রদায়িক সংঘৰ্ষৰ ফলত প্রাণহানি হৈছে। আমাৰ দেশত
প্ৰাক-স্বাধীনতা কালত আৰু স্বাধীনোত্তৰ কালত ধৰ্মীয় সম্প্রদায় আৰু জাতিৰ নামত
সংঘটিত হোৱা কেইটামান প্রধান সংঘর্ষ তলত উল্লেখ কৰা হ'ল।
১৯৪৬ চনত স্বাধীনতাৰ
প্ৰাক্মুহূৰ্তত কলিকতাত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। উক্ত সংঘৰ্ষত ১০,০০০ লোকৰ
প্ৰাণহানি হোৱাৰ লগতে অলেখ সা-সম্পত্তি বিনষ্ট হৈছিল। ১৯৮৯ চনত বিহাৰৰ
ভাগলপুৰত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। উক্ত সংঘর্ষ দুমাহ ব্যাপী চলিছিল আৰু ভাগলপুৰ চহৰৰ
লগতে ২৫০ খন গাঁও ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল। উক্ত সংঘৰ্ষত ১০০০ জন লোক নিহত
হৈছিল আৰু ইয়াৰে মুছলমানৰ সংখ্যা আছিল ৯০০ জন। ১৯৭০ চনত মহাৰাষ্ট্ৰৰ ভিৱান্দিত
হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ২৫০ জন, ১৯৮০ চনত উত্তৰ প্ৰদেশৰ মুৰাবাদত হোৱা এলানি সংঘৰ্ষত ৪০০ জন
আৰু ১৯৯২-৯৩ বৰ্ষত মুম্বাইত সংঘটিত হোৱা সাম্প্রদায়িক সংঘৰ্ষত উভয় পক্ষৰ
৯০০-১০০০ জন লোক নিহত হৈছিল। ২০০২ চনত গুজৰাটৰ গোধৰাত তিনিদিন ব্যাপী সংঘটিত হোৱা
সাম্প্রদায়িক সংঘৰ্ষত ১০৪৪ জন লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত মুছলমানৰ সংখ্যা আছিল ৭৯০
আৰু হিন্দুৰ সংখ্যা আছিল ২৫৪ জন। ২২৩ জন নিখোঁজ হোৱাৰ লগতে ২৫০০ জন লোক আহত হৈছিল।
২০০৬ বৰ্ষত আলিগড় আৰু ২০১৩ বৰ্ষত মুজাফ্ফ্ফৰনগৰত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈ গৈছে। উক্ত
সংঘৰ্ষত যথাক্রমে ৬ আৰু ৪২৩ জন মুছলমান নিহত হোৱাৰ বিপৰীতে ৬ জন
হিন্দু নিহত হৈছে। আমাৰ অসমতো কে’বাটাও সংঘর্ষ সংঘটিত হৈ গৈছে। ইয়াৰে নগাঁও জিলাৰ নেলীত
১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত চৰকাৰী হিচাপত
২,১৯১ আৰু বেচৰকাৰী
হিচাপত ১০,০০০ জন লোক নিহত
হৈছে।
বড়োল্যাণ্ডতো কে’বাটাও সাম্প্রদায়িক
সংঘর্ষ সংঘটিত হৈছে। ২০১২ চনত সংঘটিত হোৱা সংঘৰ্ষত ৭৭, ২০১৪ চনৰ মে মাহত
হোৱা সংঘৰ্ষত ৩৩, উক্ত চনৰে
ডিচেম্বৰ মাহত হোৱা সংঘৰ্ষত ৮৫ জন লোক নিহত হৈছে। এইবোৰ সংঘৰ্ষত মাথোন প্রাণ হানিয়ে হোৱা
নাই প্ৰচুৰ সা-সম্পত্তিও বিনষ্ট হৈছে। এইবোৰ সংঘৰ্ষৰ বিশদ বিৱৰণ এখন
ক্ষুদ্ৰ প্ৰৱন্ধত বর্ণনা কৰা সম্ভৱ নহয়। সম্প্রতি গো-ৰক্ষাৰ নামত গো-ৰক্ষকসকলে যি
তাণ্ডৱ চলাই আছে সেয়া সৰ্বজন বিদিত। ২০১৫ চনত উত্তৰ প্ৰদেশৰ
বিশ্বাৰা গাঁওত আখলাক নামৰ এজন বয়োবৃদ্ধ লোকক মৰিয়াই হত্যা কৰা হৈছে। ২০১৬ চনৰ
২০ জুলাইত ৰাজস্থানৰ আলৱাৰত ৰাষ্ট্ৰীয় ঘাইপথত পহলু খান নামৰ এজন লোকক গো-ৰক্ষকসকলে
মৰিয়াই মৰিয়াই হত্যা কৰিছে আৰু উক্ত ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল৷ ইয়াৰ পাছত অসমকে ধৰি দেশৰ
নানা ঠাইত গো-ৰক্ষাৰ নামত এলানি ঘটনা সংঘটিত হৈছে। সেইবোৰ খবৰ ইতিমধ্যে বিভিন্ন
মাধ্যমযোগে প্রকাশ হৈ গৈছে।
জাতিৰ নামতো বিভিন্ন
পৰ্যায়ত উচ্চবৰ্ণৰ হিন্দুসকলে দলিতসকলৰ ওপৰত নানা ধৰণৰ নিৰ্যাতনৰ লগতে হত্যাযজ্ঞ
চলাইছে। স্বাধীনতাৰ পাছত দলিতসকলৰ ওপৰত প্ৰথম হত্যাযজ্ঞ চলোৱা হৈছিল
১৯৬৮ চনৰ ২৫ ডিচেম্বৰত তামিলনাডুত। মজুৰি বৃদ্ধিৰ দাবীত ধর্মঘট পালন কৰাৰ সময়ত
ভূ-স্বামীসকলে ৪৪ জন ধর্মঘটকাৰীক হত্যা কৰিছিল। ১৯৮৫ চনৰ ১৭ জুলাইত অন্ধ্ৰপ্ৰদেশৰ
কাৰামচেদুত ৪২ জন দলিতক হত্যা কৰা হৈছিল। ১৯৯০ চনত একমাত্র
দলিতসকলক নির্যাতন তথা হত্যা কৰাৰ কাৰণে উচ্চবৰ্ণৰ হিন্দুসকলে ৰণবীৰ সেনা নামৰ
সেনা বাহিনী গঠন কৰিছে । এই ৰণবীৰ সেনাই ১৯৯১ চনৰ ৬ আগষ্টত ৮ জন আৰু ১৯৯৬ চনৰ ১১ জুলাইত
ভোজপুৰৰ বাথানি টোলাত ২১ জন দলিত লোকক হত্যা কৰিছে। ১৯৯৭ চনৰ জুন মাহত তামিলনাডুৰ
মেলাভালাভুত ৬ জন দলিতক হত্যা কৰাৰ লগতে উক্ত চনৰ ১ ডিচেম্বৰত বিহাৰৰ লক্ষ্মণপুৰত
৫৮ জন দলিত লোকক গুলীয়াই হত্যা কৰা হৈছিল ৷ এইবোৰ হত্যাৰ লগত ৰণবীৰ সেনা
জড়িত আছিল বুলি জনা যায়। এনেকুৱা দলিত নিৰ্যাতনৰ বহু ঘটনা আছে যিবোৰ এই ক্ষুদ্ৰ
প্ৰৱন্ধত লিপিৱদ্ধ কৰা সম্ভৱ নহয়। ২০১৬ চনৰ ২০ জুলাইত গুজৰাটৰ উনা চহৰত মৃত গৰুৰ
চামড়া বখলিয়াৰ অপৰাধত গো-ৰক্ষকসকলে ৭ জন লোকক মৰিয়াই আহত কৰা
ঘটনা আজিও মানুহে পাহৰিব পৰা নাই। জাতিবাদ আৰু সাম্প্রদায়িকতাবাদৰ নামত সংঘটিত
এটা ঘটনাই বহু ঘটনাৰ জন্ম দিয়ে।
মানুহৰ মাজত সন্দেহ, অবিশ্বাস আৰু
অসুৰক্ষাৰ বাতাৱৰণ সৃষ্টি কৰাৰ লগতে অৰ্থনীতিৰ ক্ষেত্ৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰে।
সঘনে সংঘটিত হৈ থকা সংঘৰ্ষৰ ফলত শিল্প কাৰখানা বাধাগ্রস্ত হয়। ফলত
নিৱনুৱা সমস্যাৰ সৃষ্টি হয়। নিৱনুৱা সমস্যাই জাতি ৰক্ষা, ধৰ্ম ৰক্ষাৰ নামত
আতংকবাদী সংগঠনৰ জন্ম দিয়াত অৰিহণা যোগায়।
ভাৰতবৰ্ষই বহুক্ষেত্ৰত
প্ৰভূত উন্নতি সাধন কৰিছে। আমি গুহাৰ যুগৰপৰা বৈদ্যুতিন যুগত প্ৰৱেশ কৰিছো। বিশ্বৰ
দৰবাৰত আমি নিজক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো।
প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হৈছো৷ চীনৰ দৰে বৃহৎ শক্তিকো আমি
প্রত্যাহ্বান জনাব পৰা হৈছো। কিন্তু জাতি আৰু ধৰ্মীয় সম্প্রদায় লৈ ব্যস্ত
হৈ থাকিব লগা হোৱাত স্বাস্থ্য, শিক্ষা, ৰাস্তা-ঘাটৰ ক্ষেত্ৰত যিমান উন্নতি কৰিব লাগিছিল সিমান যেন
উন্নতি কৰিব পৰা নাই।
যাৰ ফলত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদ, আস্থাৰ নামত হিংসা, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰৰ
লগতে জাতিবাদ, সম্প্রদায়বাদ, আতংকবাদ নির্মূলৰ
বাবে দেশবাসীক আহ্বান
জনাব লগা হৈছে।
জাতিবাদ, সম্প্রদায়বাদ, আতংকবাদৰ দৰে
সমস্যাৰ কাৰণে ভাৰতবৰ্ষৰ ২৫.৯৬ শতাংশ লোক এতিয়াও শিক্ষাৰ পোহৰৰপৰা বঞ্চিত হৈ আছে। অসমৰ ক্ষেত্ৰত এই
হাৰ ২৭.৮১ শতাংশ। সমগ্র বিশ্বত ৮৭২.৩ মিলিয়ন লোক দৰিদ্ৰ সীমাৰেখা তলত বাস কৰে।
ইয়াৰে ১৭৯.৬ জন লোক বাস কৰে ভাৰতত। অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ
সংখ্যা শতকৰা ৩১.৯৮ জন। ভাৰতবৰ্ষত শতকৰা ২৭জন লোক উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰ্ণ
কৰিব লগা হৈছে। বানপানী আমাৰ দেশৰ আন এক বৃহৎ প্ৰত্যাহ্বান। বান-পানীৰ ফলত আমাৰ
দেশত প্ৰতি বছৰ ৩ কোটী লোক ক্ষতিগ্রস্ত হয়। ৰাষ্ট্ৰীয় বান নিয়ন্ত্ৰণ
কমিচনৰ প্ৰতিবেদন অনুসৰি আমাৰ দেশত প্ৰতি বছৰ ৭.২১ কোটী হেক্টৰ(প্রায় ৭২০০ বর্গ
কিলোমিটাৰ) ভূমি পানীৰ তললৈ যায়। ৩.৭৮ কোটী হেক্টৰ কৃষি-ভূমিৰ পৰা
বছৰি ১,১১৮ কোটী টকাৰ
শস্য নষ্ট হয়। ১.২৫ লাখ গৃহৰ ক্ষতি সাধন হয় আৰু গড়ে ১৭০০ জনলোকৰ প্ৰাণহানি
হয়। ৯৬০০০ পশুধন বানত উটি যায় বা মৃত্যুমুখত পৰে। এইবাৰ একমাত্ৰ কাজিৰঙাতে ৩০০
টা পশু মৃত্যুমুখত পৰিছে। বানপানীৰ পাছত ৰোগ-ব্যাধিৰ প্ৰকোপ বাঢ়ে। ক্ষতিগ্রস্ত
লোকৰ পুনর্বাসন, খাদ্য, চিকিৎসা আদিৰ
নামত ভাৰত চৰকাৰৰ প্ৰতিবছৰ ৬৭,৮৭১ কোটী টকা খৰচ হয়।
এইবাৰ অসমত বানপানীৰ ফলত
২৫ খন জিলাৰ ৩৩ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ২৯৭০ খন গাঁৱৰ ১,৪৩,১২৩ হেক্টৰ
কৃষিভূমিৰ শস্য বিনষ্ট হৈছে। ১১২ জন লোকৰ সলিল সমাধি হৈছে। (বিহাৰত ১২৩ জন
লোকৰ সলিল সমাধি হৈছে)। অসমত গৰা খহনীয়াও আন এক প্ৰত্যাহ্বান। গৰা খহনীয়াৰ ফলত বহু মানুহে
ঘৰ-দুৱাৰ, মাটি সম্পত্তি
হেৰুৱাই অঘৰীৰ দৰে জীৱন যাপন কৰিব লগা হৈছে। ফলত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস
পাইছে। অনাহাৰে
অৰ্দ্ধাহাৰে জীৱন কটাব লগা হৈছে। সম্প্রতি সমগ্র বিশ্বত ৭৯৫ মিলিয়ন ভোকাতুৰ মানুহ
আছে। ইয়াৰে ১৯৫ মিলিয়ন মানুহ বাস কৰে ভাৰতত। অসমত দৰিদ্ৰ সীমা
ৰেখাৰ তলত বাস কৰে শতকৰা ৩১.৯৮ জন লোক।
ভাৰতক শক্তিশালী ৰাষ্ট্ৰ
হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে জাতিবাদ, সম্প্রদায়বাদ
নির্মূল কৰি শক্তিশালী আৰু কাৰ্যকৰ গণতন্ত্র প্রতিষ্ঠা কৰিব লাগিব। ধৰ্ম আৰু জাতিৰ
আধাৰত ভোটদানৰ মানসিকতা ত্যাগ কৰিব লাগিব। লগতে খহনীয়া আৰু বানপানীৰ স্থায়ী
সমাধানৰ ব্যৱস্থা কৰিব লাগিব। এইবাৰ নমামি ব্ৰহ্মপুত্ৰৰ নামত কিমান টকা খৰচ কৰিছে
সেয়া জনা নাযায় যদিও নমামি গংগাৰ নামত ২,৯৫৮ কোটী খৰচ কৰিছে বুলি জনা যায়। এনেদৰে উৎসৱৰ নামত কোটী
কোটী টকা খৰচ কৰাৰ পৰিৱৰ্তে যদি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ
কাৰণে খৰচ কৰা হয়, তেনেহ'লে ভাৰত তথা অসমৰ উন্নয়ন
হোৱাটো নিশ্চিত।
(জনসাধাৰণ-
৩০-০৫-২০১৭)
ছৈয়দ পীৰ হাজি
আলি শ্বাহ দৰগাহত মহিলাৰ
প্ৰৱেশ সম্বন্ধে হাইকোর্টৰ
ঐতিহাসিক ৰায় ৷
বৰপেটা সত্ৰত মহিলাৰ
প্ৰৱেশক লৈ বিতর্ক চলি থকাৰ সময়তে মুম্বাই হাইকোর্টে ছৈয়দ পীৰ হাজি আলি শ্বাহ
বুখাৰী দৰগাহত মহিলাৰ প্ৰৱেশ সুনিশ্চিত কৰিলে। যোৱা ২৬ আগষ্টত ন্যায়াধীশ বি
এম কনাডে আৰু ৰেৱতী মোহিতৰ খণ্ড বিচাৰপীঠে এক ৰায় যোগে জনাইছে যে, দৰগাহত পুৰুষৰ যেনেকৈ
প্ৰৱেশাধিকাৰ আছে তেনেকৈ মহিলাৰো আছে। ৰায়ত কোৱা হৈছে যে, সংবিধানে পুৰুষ
আৰু মহিলাক সমান অধিকাৰ প্ৰদান কৰিছে। গতিকে পুৰুষ যদি দৰগাহত
প্ৰৱেশ কৰিব পাৰে তেনেহ'লে মহিলাকো
দৰগাহত প্ৰৱেশৰ অনুমতি দিয়া উচিত। ৰায়ত কোৱা হৈছে যে, হাজি আলি দৰগাহত প্ৰৱেশ কৰা
মহিলাৰ নিৰাপত্তা ৰাজ্য চৰকাৰ কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব। মহাৰাষ্ট্ৰ চৰকাৰেও
দৰগাহত মহিলাৰ প্ৰৱেশক বাধা দিয়া অনুচিত বুলি মত প্ৰকাশ কৰি মহিলাক
প্ৰৱেশ কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনাইছিল। কিন্তু দৰগাহ কৰ্তৃপক্ষই এই পৰামৰ্শ
মানি লোৱা নাছিল। অৱশ্যে মহিলাসকলে দৰগাহত প্ৰৱেশৰ কাৰণে ছয় সপ্তাহ অপেক্ষা কৰিব
লাগিব। কাৰণ এই ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ কাৰণে আদালতে দৰগাহ ট্ৰাষ্টক ৬ সপ্তাহৰ
সময় বান্ধি দিছে। দৰগাহ ট্রাষ্টে এই ৰায়ৰ বিৰুদ্ধে চুপ্রিম কোৰ্টলৈ যাব বুলি জানিব পৰা
গৈছে৷ গতিকে মহিলাসকলে দগাহত প্ৰৱেশ কৰিব পাৰিব, নে নাই এই কথা ছয় সপ্তাহ
পাছতহে নিশ্চিত হ’ব।
ছৈয়দ পীৰ হাজি আলি শ্বাহ
বুখাৰী(ৰহঃ) বৰ্তমানৰ উজবেকিস্থানৰ বুখাৰাৰ পৰা ভাৰতলৈ আহিছিল। কথিত আছে যে, এদিন তেওঁ তেওঁৰ
গৃহ চহৰত উপাসনাত
ব্যস্ত আছিল। এনেতে তেওঁ এগৰাকী তিৰোতা মানুহক হাতত খালী পাত্ৰ লৈ কান্দি কান্দি
গৈ থকা দেখিলে। হাজি আলিয়ে তাইক কন্দাৰ কাৰণ সুধিলে। তেতিয়া তিৰোতা গৰাকীয়ে
ফেঁকুৰি ফেঁকুৰি ক'লে যে, তাইৰ হাতৰ পৰা
তেল পৰি গৈছে। তেল নোহোৱাকৈ ঘৰলৈ গ'লে গিৰিয়েকে তাইক মাৰ-ধৰ কৰিব। তেতিয়া হাজি
আলিয়ে তাইক কান্দিবলৈ বাৰণ কৰি ক’ত তেল পৰিছে তালৈ লৈ যাবলৈ ক'লে। তিৰোতাজনীয়ে হাজি আলিক তেলপৰা
ঠাইলৈ লৈ আহিল। হাজি আলিয়ে তিৰোতাজনীৰ হাতৰপৰা খালী পাত্ৰটো লৈ তেলপৰা ঠাইত আঙুলি
সোমাই দিলে আৰু সৰসৰ্কৈ তেল উঠি আহি খালী পাত্ৰত পৰিবলৈ ধৰিলে। সম্পূৰ্ণ তেল উঠি অহাৰ পাছত
তিৰোতাজনীয়ে তেলপূৰ্ণ পাত্ৰ লৈ আনন্দ মনেৰে ঘৰলৈ গ'ল।
কিন্তু সিদিনাৰপৰা হাজি
আলিয়ে এটি বিৰক্তিজনক সপোন দেখিবলৈ ধৰিলে। তেওঁ সপোনত দেখিলে যে, তেওঁৰ সেই কাৰ্যৰ
দ্বাৰা তেওঁ মাটিত আঘাত কৰিছে। একেটা সপোনকে বাৰে বাৰে দৰ্শন কৰাৰ ফলত তেওঁ অতি সোনকালে বেমাৰত
পৰিল। কোনো প্রকাৰে বেমাৰ ভাল নোহোৱাত অৱশেষত তেওঁ মাকৰপৰা অনুমতি লৈ তেওঁৰ এজন
ভায়েকৰ সৈতে ভাৰত ভ্ৰমণলৈ ওলাই আহিল। তেওঁ আহি আহি মুম্বাইৰ ৱৰ্লি পালেহি।
কিছুদিন পাছত ভায়েকজন স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰিলে যদিও তেওঁ মুম্বাইতে থাকি গ'ল। মৃত্যুৰ
সময়লৈকে তেওঁ মুম্বাইতে অৱস্থান কৰিছিল আৰু মানুহক ইছলামিক শিক্ষা
প্ৰদান কৰিছিল। মৃত্যুৰ আগমুহূৰ্তত তেওঁ তেওঁৰ অনুগামীসকলক পৰামৰ্শ দিছিল যে, তেওঁৰ মৃত্যুৰ
পাছত শৱদেহটো নিৰ্দ্দিষ্ট কোনো ঠাই বা কৱৰৰস্থানত সমাধিস্থ কৰাৰ পৰিৱৰ্ত্তে
কফিনত ভৰাই যেন আৰৱ সাগৰত উটুৱাই দিয়া হয় আৰু কফিনটো উটি গৈ য’তেই পাৰত ঠেকা
খাব তাতেই যেন তেওঁক
সমাধিস্থ কৰা হয়।
প্ৰবাদ অনুসৰি তেওঁৰ
মৃত্যুৰ পাছত তেওঁৰ নিৰ্দেশ মৰ্মেই মৃতদেহটো সমাধিস্থ নকৰি আৰৱ সাগৰত উটুৱাই দিয়া
হৈছিল আৰু কফিনটো উটি আহি বৰ্তমান দৰগাহ অৱস্থিত ঠাইতে পাৰত ঠেকা খাইছিল
আৰু তেওঁৰ অন্তিম ইচ্ছা অনুসৰি তাতেই তেওঁক সমাধিস্থ কৰা হৈছিল। ১৪৩১ চনত উক্ত সমাধিক্ষেত্ৰৰ
ওপৰতে দৰগাহটো নিৰ্মাণ কৰা হয়। দৰগাহটো ৪৫০০ বর্গফুট ভূমিত বিস্তাৰিত আৰু
মুম্বাইৰ ৱৰ্লিস্থিত মূল ভূ-খণ্ডৰ পৰা ৫০০ মিটাৰ আঁতৰত আৰৱ সাগৰৰ
বুকুৰ এটি সৰু দ্বীপত অৱস্থিত। দগাহলৈ যোৱাৰ কাৰণে মূল ৰাস্তাৰ পৰা সেঁতু নিৰ্মাণ
কৰা হৈছে। সেঁতুটো খুবেই চাপৰ। নিম্ন জোৱাৰৰ সময়তহে মাথোন অহা-যোৱা কৰিব পাৰে, উচ্চ জোৱাৰৰ
সময়ত সেঁতুটো পানীত তল যায়।
দৰগাহৰ গম্বুজৰ উচ্চতা ৮৫
ফুট।পীৰ হাজি আলি এগৰাকী সাধক পুৰুষ আছিল। সেয়ে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মানুহৰ
কাৰণে দৰগাহটো ধর্মীয়ভাবে মহত্বপূর্ণ। প্রত্যেক বৃহস্পতি আৰু শুক্রবাৰ দিন৷
দৰগাহলৈ অগণন দর্শনার্থীৰ সোঁত বয়। সপ্তাহত প্রায় ৮০,০০০ দর্শনার্থীৰ
ভিৰ হয় বুলি জনা যায়। ২০১১ চনলৈকে পুৰুষ আৰু মহিলা উভয়ৰ কাৰণে
দৰগাহৰ দুৱাৰ মুকলি আছিল;
কিন্তু ২০১২
চনৰপৰা দৰগাহ কৰ্তৃপক্ষই দৰগাহত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।
দৰগাহ কর্তৃপক্ষৰ
মতে পুৰুষসন্তৰ সমাধি মহিলাই স্পৰ্শ কৰা নিষেধ। মহিলা দগাহৰ ভিতৰত প্ৰৱেশ কৰিলে
পাপ হয়।দগাহ কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই ২০১৪ চনৰ আগষ্ট
মাহত নুৰজাহান ছুফিয়া নিয়াজীয়ে মুম্বাই হাইকোর্টত আবেদন জনাইছিল। যোৱা ২৬
আগষ্টত মুম্বাই হাইকোর্টে এক ৰায় যোগে পীৰ হাজি আলি দৰগাহত মহিলাৰ প্ৰৱেশ সুনিশিচিত কৰিছে।
দৰগাহ কৰ্তৃপক্ষৰ ফালৰপৰা এডভোকেট ছৈয়দ মেমনে যুক্তি দৰ্শাইছিল যে, ভাৰতীয় সংবিধানৰ
২৬ নম্বৰ অনুচ্ছেদ অনুসৰি কোনো ধর্মীয় বিষয়ত সিদ্ধান্ত ল’বলৈ ট্রাষ্টৰ
সম্পূৰ্ণ অধিকাৰ আছে। চৰকাৰী পক্ষৰ এডভোকেট শ্রীহৰি এনিয়ে যুক্তি দৰ্শাইছে যে, দৰগাহ কৰ্তৃপক্ষৰ
এই সিদ্ধান্তই ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদ(জীয়াই থকাৰ অধিকাৰ), ১৫ নং অনুচ্ছেদ (লিংগ
বৈষম্য) আৰু ২৫ নং অনুচ্ছেদ (ধর্মীয় আচৰণৰ সুবিধা)ৰ বিধি উলংঘা কৰিছে। আন এগৰাকী
এডভোকেট ৰাজু মোৰে যুক্তি দৰ্শাইছে যে, যিহেতু দৰগাহৰ ভূমি ৯৯৯ বছৰৰ কাৰণে লিজত দিয়া
হৈছে, গতিকে
দর্শনার্থীৰ প্ৰৱেশৰ ক্ষেত্ৰত দৰগাহ ট্রাষ্টৰ ব্যাপক কৰ্তৃত্ব নাই। তদুপৰি ট্ৰাষ্টৰ ডিফেন্সে দৰগাহটো সম্পূর্ণভাবে
ধর্মীয় বুলি প্রতিপন্ন কৰিব পৰা নাই।
দৰগাহটো এটি পাব্লিক
ট্রাষ্টৰ দ্বাৰা পৰিচালিত। ট্ৰাষ্টটো ১৯৫০ চনত পঞ্জীয়ন কৰা হৈছে। ১৯১৭ চনত
মুম্বাই হাইকোর্টে দৰগাহ পৰিচালনা আৰু প্রশাসন সম্পর্কে
এক নিৰ্দ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দ্দেশনাত জাতি-ধর্ম-বর্ণ
নির্বিশেষে কোনো ধৰণৰ মানুহৰ দৰগাহত প্ৰৱেশত বাধা নাছিল।
এই ৰায়ৰ স্বপক্ষে আৰু
বিপক্ষে বিভিন্নজনে বিভিন্ন ধৰণৰ যুক্তি আগবঢ়াইছে। দৰগাহৰ ইমাম হাজি ৰফত চাহাবে
কৈছে- হাইকোর্টে এই বিষয়ে হস্তক্ষেপ কৰা উচিত হোৱা নাই। মৌলনা ৰশিদীয়ে
কৈছে- এয়া ভুল ৰায়। কোর্টে চৰিয়তৰ আইন অধ্যয়ন নকৰাকৈ এই ৰায় দিছে। চৰিয়তৰ আইনত মহিলাৰ কাৰণে
কিছু সীমা নিৰ্দ্ধাৰণ কৰা আছে। এই সম্বন্ধে ৰায় দিয়াৰ আগতে এই বিষয়ে জানি লোৱা
উচিত। ইয়াক ৰাজনীতিৰ খেল কৰা হৈছে।
ইছলামিক স্কলাৰ প্ৰফেছৰ
জিনাত চৌকত আলিয়ে কৈছে- মহিলাই কৱস্থানত প্ৰৱেশ কৰিব নোৱাৰে, ইছলামত এনেকুৱা
কোনো নিৰ্দ্দেশ নাই। যদি ইছলামে মহিলাক কৱস্থানত প্ৰৱেশত বাধা দিয়া নাই, পুৰুষপ্রধান
সমাজে এই ক্ষেত্ৰত বাধা দিব নোৱাৰে। প্ৰখ্যাত ক্রিপ্ট লেখক চেলিম খানেও মুম্বাই হাইকোর্টৰ ৰায়ক
স্বাগত জনাইছে। চেলিম খানে শনিবাৰে টুইট কৰি কৈছে- ‘উচ্চ ন্যায়ালয়ৰ ৰায় হাদিছ আৰু কুৰআনৰ
অনুকৰণতে দিয়া হৈছে। এজন ভাল মুছলমান হ’বলৈ হ'লে আপুনি এজন ভাল মানুহ হ'ব লাগিব।' তেওঁ আৰু কৈছে যে, মোল্লা আৰু
মৌলবীসকলে ইছলামৰ দৰে সৰল ধৰ্মক জটিল কৰি পেলাইছে। তেওঁ লগতে কৈছে, ফতোৱা কোনো
সিদ্ধান্ত নহয়, যেনেকৈ মানুহে
ভাবে। এয়া মুছলিম বিদ্বানসকলৰ দ্বাৰা দিয়া ৰায়হে।
ইফালে দৰগাহ ট্রাষ্টে
চুপ্রিম কোর্টত আপীল কৰিলেও জয় মহিলাসকলৰে হ’ব বুলি মহিলাসকলৰ লগতে বিভিন্ন সংগঠনে আশা কৰি
আছে। কাৰণ হিন্দু মহিলাৰ কাৰণে বহুকেইটা মন্দিৰত প্ৰৱেশত বাধা থাকিলেও মুছলিম মহিলাৰ
কাৰণে কোনো দৰগাহত প্রৱেশত বাধা নাই। সেয়ে কোর্টে তেওঁলোকৰ স্বপক্ষে ৰায়
দিব বুলি মহিলাসকল নিশ্চিত। ভাৰত বৰ্ষৰ দুটা বিখ্যাত দৰগাহ খাজা মঈনুদ্দিন
চিস্তী(ৰহঃ) দৰগাহ আৰু ৰুড়কীৰ কালিয়ান চৰিফত মহিলাৰ প্ৰৱেশত
বাধা নাই। আনহাতে মহিলাৰ কৱস্থানত প্ৰৱেশতো বাধা নাই। (অৱশ্যে মহিলাসকল জানাজাত
অংশ গ্ৰহণ কৰা নিষেধ আছে।)
মহিলা আৰু পুৰুষৰ কাৰণে
বেলেগ বেলেগ কৱস্থানো নাই। মৃত্যুৰ পাছত একেখন কৱস্থানতে সমাধিস্থ কৰা
হয়। তেনেহ'লে হাজি আলি
দৰগাহত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ আঁৰৰ ৰহস্য কি এই বিষয়ে স্বাভাৱিকতে প্রশ্ন উদয় হয়।
ভূ-মাতা ৰণৰাগিনী ব্রিগেডৰ তৃপ্তি দেশাইয়ে নিজৰ সংগঠনৰ সৈতে দেওবাৰে হাজি আলি
দৰগাহলৈ গৈ কৈছে, ‘মই মানস কৰিছিলো
যে, কোৰ্টৰ ৰায়ৰ
পাছত মই হাজি আলি দৰগাহত চাদৰ স্থাপন কৰিম.
এইবাৰ মাথোন মই দৰ্শনহে কৰি গ'লো। মোৰ বিশ্বাস, ছয় সপ্তাহ পাছত
আহি মই মাজাৰৰ কাষলৈ গৈ বাবাক দর্শন কৰিব পাৰিম। মই ট্রাষ্টক হাতযোৰ কৰি মিনতি জনাওঁ যে, তেওঁলোকে
হাইকোর্টৰ ৰায়ক সন্মান জনাওঁক।' এইখিনিতে উল্লেখ কৰিব পাৰি যে, মুম্বাই
হাইকোর্টৰ ৰায়ৰ দিনাই অর্থাৎ শুক্ৰবাৰে ডেনমার্কৰ কোপেনহেগেন চিটিৰ মৰিয়ম মছজিদত
এগৰাকী মহিলা ইমামে আজান দি ইতিহাস সৃষ্টি কৰিলে। য’ত এগৰাকী মহিলাই মছজিদত আজান প্রদানত বাধা নাই, তেনেস্থলত দৰগাহত
মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা কাৰ্যৰ আঁৰত লিংগ বৈষম্যক উদগনি যোগোৱাৰ বাহিৰে কোনো
ধর্মীয় উদ্দেশ্য আছে বুলি ভাবিব পাৰি জানো?
(জনসাধাৰণ-
০১-০৯-১৬)
ভাৰত-চীন সম্পর্ক
মূল-পুষ্পেশ পত্ত
ভাবানুবাদ- আবুল হুছেইন
সমগ্ৰ ভাৰত সামাজিকভাবে
চীনত নির্মিত সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত লোৱাৰ সময়তে ৰাজনৈতিক বিশ্লেষক প্ৰফেছৰ
পুষ্পেশ পন্তে ভাৰত-চীন সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এটি বিশ্লেষাত্মক
গুৰুত্বপূৰ্ণ প্ৰৱন্ধ লেখিছে। লেখক পদ্মশ্রী সন্মানেৰে সন্মানিত ভাৰত-চীন বিষয়য়ৰ
বিশেষজ্ঞ। আন্তর্জাতিক ৰাজনীতিত তেওঁৰ দীৰ্ঘ দিনৰ অভিজ্ঞতা আছে। ‘তেওঁ লেখিছে, ভাৰতৰ এটি ভুল
ধাৰণা আছে যে, যেতিয়া আমি
পাকিস্তানৰ বিৰুদ্ধে আক্রমণাত্মক হৈ উঠো তেতিয়াই চীনে প্রতিক্রিয়া
প্রকাশ কৰে। প্ৰকৃততে ভাৰতৰ প্ৰতি চীন সদায় বিদ্বেষপূর্ণ। অতীতলৈ লক্ষ্য কৰিলেও
দেখা যায় যে, চীন আৰু ভাৰতৰ
মাজত কোনো ক্ষেত্ৰতে বন্ধুত্বপূর্ণ সম্পর্ক নাই। চীনে কেতিয়াবা ভিছা নথি কৰে, কেতিয়াবা
হুৰিয়ত নেতাক আমন্ত্রণ জনায়, কেতিয়াবা আকৌ ভাৰতীয়ক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। মাথোন সেয়াই নহয়, ভাৰতৰ প্ৰধান
মন্ত্ৰীক অৰুণাচল ভ্ৰমণ নকৰিবলৈও সঁকীয়াই দিয়ে।
চীন ধাৰাবাহিকভাবে আমাৰ
সীমাত অনুপ্ৰৱেশ কৰে। আমাৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে নিৰূপায় হৈ কৈ দিয়ে যে, সীমা নিৰ্দ্ধাৰণ
নোহোৱাৰ ফলত এনেকুৱা ঘটনা সংঘটিত হৈ আছে। চীনে ভাৰতৰ চিকিম, লাডাখত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰা কথাটো
আমি লুকুৱাবলৈ যত্ন কৰো। চীনে আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতক ৰিষ্কৃত কৰিবলৈ
যত্ন কৰে। ভাৰতত চীনৰ এনেকুৱা ‘লবি’
আছে, যিসকলে প্ৰদৰ্শন
কৰিবলৈ চেষ্টা চলায় যে আমি চীনৰ ক্ষেত্ৰত বিৰক্ত হোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে
পতিয়ন নিয়াবলৈ যত্ন কৰে,
এইবোৰ কৰি চীনে
আমাক পৰীক্ষাহে কৰি আছে।
মোৰ বিবেচনাত আমাৰ
আটাইতকৈ ডাঙৰ ভুল এয়ে যে,
বিগত দহ বছৰত
মনমোহন সিং চৰকাৰৰ কাৰ্যকালত আমি ব্যৱসায়ৰ ক্ষেত্ৰত চীনক ডাঙৰ অংশীদাৰ কৰি
লৈছো। ভাৰত প্ৰত্যেক বছৰ চীনৰ লগত ৭০-৮০ আৰব ডলাৰৰ ব্যৱসায় কৰি আছে। ইয়াৰ মাজত
৩০ শতাংশ ব্যৱসায় ভাৰতৰ হিতৰ বিৰুদ্ধে। মনমোহন সিঙে কৈছিল যে, ব্যৱসায়ৰ
ক্ষেত্ৰলৈ লক্ষ্য কৰি সীমা বিবাদ ঠাণ্ডা বস্তাত ভৰোৱা উচিত।
পাকিস্তানতকৈ চীন ভাৰতৰ
কাৰণে অধিক প্ৰত্যাহ্বানপূর্ণ। ভাৰতৰ যি ভূমিভাগ পাকিস্তানে দখল কৰি আছে, সেয়া মীমাংসা
নোহোৱাৰ আঁৰত আছে চীন। ভাৰত-পাক সম্বন্ধ স্বাভাৱিক থাকিলে, ভাৰতে পাকিস্তানৰপৰা ভূমিভাগ ইমান দিনে ঘূৰাই
পালেহেঁতেন। ইতিমেধ্যে গিলগিটৰ ভূমিভাগ পাকিস্তানে চীনক সমৰ্পণ কৰিছে। ইয়াৰ পৰা চীনে
মধ্য এচিয়া, উপ-সাগৰীয় দেশ
আৰু আফ্ৰিকাৰ পূৰ্ব উপকূললৈকে বাণিজ্যিক ক্ষেত্ৰ সম্প্ৰসাৰণ কৰাৰ কাৰণে যত্ন কৰি
আছে। চীনে এইবোৰ এলেকাত যি গতি-বিধি অব্যাহত ৰাখিছে সেয়া ভাৰত বিৰোধী যদিও চীনৰ
কাৰণে সেয়া অনিবাৰ্য হৈ পৰিছে।
ভাৰতৰপৰা দখল কৰা ‘আকচাই চীন’ত চীনে পাৰমাণৱিক
আৱৰ্জনা পেলাই আছে। পাকিস্তানে পাৰমাণৱিকৰ যি চোৰাং ব্যৱসায় চলাই আছে আৰু যাৰ জৰিয়তে পাকিস্তানে
ভাৰতক ব্লেকমেল কৰি আছে ইয়াৰ আঁৰতো হ’ল চীন।
চীনে ভাৰতক পতিয়ন
নিয়াবলৈ সক্ষম হৈছে যে, তেওঁলোকে এচিয়াৰ
ভিতৰত একমাত্র দেশ যিয়ে আমাক সহায় কৰিব পাৰে। কিন্তু এয়া কেতিয়াও সম্ভৱ নহয়। কাৰণ
ভাৰত আৰু চীনৰ মাজত মাথোন এখন ৰাষ্ট্ৰহে প্ৰধান শক্তি হোৱা সম্ভৱ। সেয়ে এই দুখন
দেশৰ মাজত প্ৰতিদ্বন্ধিতা প্রকাশ্য। সেয়া খাদ্য সুৰক্ষা, শক্তি সংৰক্ষণ, আফ্ৰিকা আৰু চাইবেৰিয়াৰ তেলৰ খনিৰ বিষয়েই
নহওঁক কিয়। ভাৰতৰ বুনিয়াদী ৰাষ্ট্ৰীয় হিতৰ প্ৰতিদ্বন্ধী চীন। চীনা ৰাষ্ট্ৰপতি
ভাৰতলৈ আহিলে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া সৱৰমতী আশ্ৰমৰ পাৰত
দোলনাত তুলি দোলায় তেতিয়া এনেকুৱা প্রতীয়মান হয় যেন ভাৰতৰ
প্ৰতি চীনৰ দৃষ্টিভংগী সলনি হৈছে। চীনে এনেকুৱা আচৰণ কৰে যেন নৰেন্দ্ৰ মোদী এগৰাকী
শক্তিশালী নেতা আৰু তেওঁ তেওঁলোকৰ লগত বন্ধুত্বপূর্ণ সম্বন্ধ অব্যাহত ৰখাৰ কাৰণে
আগ্রহী। কিন্তু আমি চীনৰ এনেকুৱা আচৰণত ভোল যোৱা উচিত নহয়।
পণ্ডিত নেহৰুৰপৰা ইন্দিৰা
গান্ধী আৰু মনমোহন সিঙলৈ আমি চীনক লৈ ভুল নীতি গ্ৰহণ কৰি আহিছো। নেপাল, মিয়ানমাৰ, শ্রীলংকা অথবা মালদ্বীপৰ দৰে
দেশত আধিপত্য বিস্তাৰ কৰি চীনে ভাৰতৰ ডিঙিত বিষাক্ত সাপ আঁৰি দিব বিচাৰে। ১৯৬২ চনৰপৰা
চীনৰ লগত আমাৰ বন্ধুত্বত ফাট্ মেলিছে। ইয়াৰ পাছৰপৰা যেতিয়াই আমাৰ
প্ৰতিনিধিমণ্ডল চীনলৈ যায় আৰু বাণিজ্যিক সম্পর্ক বৃদ্ধি পায়, তেতিয়া এনেকুৱা
ধাৰণা হয় যেন চীনৰ লগত আমাৰ সম্বন্ধ স্বাভাৱিক হৈ গৈছে। কিন্তু তথাপিও
চীনৰ লগত আমাৰ সম্বন্ধ বিদ্বেষপূর্ণ হৈয়ে থাকে। চীনে ১৯৬২ চনৰপৰা পাকিস্তানক
ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে।
চীনৰ ফালৰপৰা বন্ধুত্বৰ
কোনো গ্রহণযোগ্য আৰম্ভণী কেতিয়াও কৰা হোৱা নাই। বিপৰীতপক্ষে চীন সদায় ভাৰতক
প্রতিদ্বন্ধী হিচাপেই বিৰুদ্ধাচৰণ কৰি আহিছে। সেয়া লাগিলে ব্ৰহ্মপুত্ৰৰ সহায়ক
নদীৰ পানী বন্ধ কৰাৰ ক্ষেত্ৰতে হওঁক, মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘৰ পৰা সন্ত্রাসবাদী
ঘোষণা কৰাৰ ক্ষেত্ৰত ভেটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰতে হওঁক অথবা পৰমাণু সৰৱৰাহ গোটৰ সদস্য পদ
প্রাপ্তিৰ ক্ষেত্ৰত বিৰোধিতা কৰাই হওঁক। কিন্তু আশ্চর্যৰ কথা যে এইবোৰ কৰাৰ পাছতো
চীন আমাৰ ইমানবোৰ বাণিজ্যিক অংশীদাৰ কেনেকৈ হ’বলৈ পালে? আমি চীনৰপৰা হাথিয়াৰ আমদানি নকৰো খাদ্যানও আমদানি নকৰোঁ।
তথাপিও উপসাগৰীয় দেশ অথবা আমেৰিকাতকৈ চীনৰ লগত আমাৰ ব্যৱসায়িক সম্বন্ধ অধিক।
চীনে আমাক এনেকুৱা ভ্ৰমৰ মাজত আচ্ছন্ন কৰি ৰাখিছে যে, স্বাংঘাইক
অপাৰেটিভ অৰগেনাইজেশ্বনৰ সদস্য হিচাপে প্ৰক্ষেপ কৰিলে আমি চীনৰ সমপৰ্যায়ৰ হৈ যাম।
আমি এই ভুল ধাৰণাৰ বশৱৰ্ত্তী হৈ চীনৰ বজাৰ নীতিৰ মেৰপাকত সোমাই আছোঁ। আমি ভিয়েতনামৰ লগত বহু
পলমকৈ বন্ধুত্ব কৰাৰ কাৰণে প্ৰয়াস কৰি আছো। ভাৰত একমাত্র
পাকিস্তানৰ সন্দৰ্ভ লৈয়ে চীনৰ বিৰুদ্ধাচৰণ কৰা উচিত নহয়। আমি নেপাল, বাংলাদেশ, মিয়ানমাৰ, শ্রীলংকাৰ দৰে
চুবুৰীয়া দেশবোৰৰ সৈতে একগোট হৈ চীনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাব
লাগিব।'
লেখকৰ এইখিনি কথাৰ লগত
এষাৰ কথা সংযোগ কৰিব পাৰি যে, চীনে ভাৰতত যিবোৰ প্লাষ্টিকৰ খেলনা-পুতলাৰ ব্যৱসায় কৰি আছে, মোৰ ধাৰণা মতে ইয়াত
ব্যৱসায়তকৈ আন কিবা উদ্দেশ্যহে নিহিত হৈ আছে। অর্থাৎ এই ব্যৱসায়ৰ জৰিয়তে চীনে
আমাক অর্থনৈতিকভাবে পংগু কৰাৰ কাৰণেহে চেষ্টা কৰি আছে। কাৰণ চীনৰ সূলভ মূল্যৰ সামগ্ৰী
প্ৰচলন হোৱাৰ পাছৰপৰা আমাৰ বহুতো থলুৱা উদ্যোগ, যেনে ফটকা, বাজি, পুতলা, মৃৎ-শিল্পকে আদি কৰি বহুতো
ক্ষুদ্র উদ্যোগ ভাবুকিৰ সন্মুখীন হৈছে। ফলত এইবোৰ উদ্যোগৰ লগত জড়িত কৰ্মীসকল
বেকাৰ হৈ পৰিছে। আনহাতে দুই-এজনে কোৱা শুনা যায় যে, এই ব্যৱসায়ৰ
জৰিয়তে চীনে প্লাষ্টিকৰ আৱৰ্জনাহে ভাৰতত পেলাই আছে।
এই ধাৰণাৰ মাজত কিছু
সত্যতা নথকাও নহয়। কাৰণ চীনত নিৰ্মিত প্ৰায়বোৰ সামগ্ৰী প্লাষ্টিকেৰে
নিৰ্মিত। আনহাতে মাথোন পুতলা ফটকা বাজিয়ে নহয়, মেডিকেল বেণ্ডেজ, ষ্ট্রিট লাইট, টর্চ, মোবাইল, তাঁতত বোৱা ফুলাম কপাহী কাপোৰ, আৰামদায়ক গাৰু, বিভিন্ন
প্লাষ্টিক মেচিনাৰীকে আদি কৰি বিভিন্ন চীনা সামগ্ৰীৰে ভাৰতৰ বজাৰ ভৰি আছে। এবাৰ শুনিবলৈ পোৱা
গৈছিল যে, বজাৰত হেনো
প্লষ্টিকৰ বন্ধা কবি বিক্ৰী হৈ আছে। এইবোৰ কবি নিশ্চয় চীনতে নির্মিত হ’ব। কাৰণ চীনত
হেনো প্লাষ্টিকৰ ২,৮০,৯৯,৫৩১ বিধ বিভিন্ন
সামগ্রী তৈয়াৰ হয়। সেয়ে সম্প্ৰতি সমগ্ৰ ভাৰতব্যাপী চীনা সামগ্ৰী বৰ্জনৰ বাবে
সামাজিকভাবে যি আহ্বান জনোৱা হৈছে তাত প্ৰতিগৰাকী ভাৰতীয়ই আন্তৰিকতাৰে সহযোগ কৰা
উচিত।
(জনসাধাৰণ-২৬-১০-১৬)
কাবেৰী জল বিবাদ
কাবেৰী নদীৰ পানী
ভাগ-বাটোৱাৰালৈ সম্প্ৰতি কৰ্ণাটক আৰু তালিনাডুত প্ৰৱল বিক্ষোভ আৰম্ভ হৈছে। যোৱা ৫
চেপ্তেম্বৰত চুপ্রিম কোর্টে তামিলনাডুক প্রতিদিন ১৫০০০ কিউচেক পানী এৰি দিয়াৰ বাবে
কৰ্ণাটক চৰকাৰক নিৰ্দ্দেশ দিছিল। চুপ্রিম কোর্টৰ এই ৰায়ে কোনো পক্ষকে সন্তুষ্ট
কৰিব পৰা নাই। পক্ষান্তৰে উভয় ৰাজ্যৰ কৃষকৰ মাজত প্ৰচণ্ড অসন্তোষ গা কৰি উঠিছে। তামিলনাডুৰ
কৃষকে ১৫০০০ কিউচেক পানী তেওঁলোকৰ কাৰণে পৰ্যাপ্ত নহয় বুলি মতপোষণ কৰাৰ
বিপৰীতে কৰ্ণাটকৰ মান্দিয়াৰ এলেকাৰ কৃষকসকলে এই পানী এৰি দিয়াৰ ফলত তেওঁলোক
প্ৰৱল জলসংকটৰ সন্মুখীন হোৱাৰ লগতে কৃষিকাৰ্যলৈ ভাবুকি নামি আহিব বুলি মতপোষণ
কৰিছে। মান্দিয়াৰ বিধান সভাৰ বিধায়ক এম, এইচ, অম্বৰীশে কৈছে- ‘এই নিৰ্দ্দেশৰ জৰিয়তে আমাৰ কাৰণে মাথোন
খোৱা-পানীহে ৰখা হৈছে- কৃষিকাৰ্যৰ বাবে পানী ৰখা হোৱা নাই। আমাৰ কৃষকসকলক বঞ্চিত
কৰি কিয় তামিলনাডুক পানী এৰি দিয়া হ’ব? এয়া অন্যায় কৰা হৈছে।'
ফলত চুপ্রিম কোর্টৰ ৰায়ৰ
পাছতে কাৰেী নদীৰ পানীৰ ইছ্যুলৈ ৫ চেপ্তেম্বৰতে কিছু কিছু এলেকাত বন্ধ পালন কৰা
হয়। ইয়াৰ পাছত বিক্ষোভৰ লগতে ঠায়ে ঠায়ে হিংসাত্মক কার্য সংঘটিত হ’বলৈ ধৰে। ফলত
চুপ্রিম কোর্টে আগৰ ৰায় সলনি কৰি ১২ চেপ্তেম্বৰত ১৫ হাজাৰ কিউচেকৰ পৰিৱৰ্ত্তে ২০ চেপ্তেম্বৰলৈ
১২ হাজাৰ কিউচেক পানী এৰাৰ বাবে নির্দেশ দিয়ে। ইয়াতো বিক্ষোভকাৰীসকল সন্তুষ্ট হ’ব পৰা নাই। এই অসন্তুষ্টিৰ
ফলতে পাছৰ পর্যায়ত হিংসাত্মক বিক্ষোভে চৰম পৰ্যায় পাইছেগৈ। হিংসাত্মক কার্যকলাপ ৰোধৰ
কাৰণে ১৫০০০ পুলিচ কৰ্মীৰ লগতে ৰ্যাফসহ ১০ কোম্পানী কেন্দ্ৰীয়
আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে। বিক্ষোভকাৰীসকলক আটক কৰা হৈছে। এতিয়ালৈকে ৫০০
বিক্ষোভকাৰীক আটক কৰা হৈছে বুলি জানিবপৰা গৈছে। তামিলনাডুৰ পৰা কৰ্ণাটকলৈ আৰু
কৰ্ণাটকৰ পৰা চেন্নাই লৈ যোৱা বাচ সেৱা বন্ধ কৰাৰ লগতে সন্ধিয়া পাঁচ বজাৰপৰা
সান্ধ্য আনি জাৰী কৰা হৈছে।
বৰ্তমান বেংগালুৰু আৰু
ইয়াৰ ওচৰে-পাঁজৰে তামিল বিৰোধী বিক্ষোভে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তামিলভাষী লোকক দেখিলেই
কন্নড়ভাষীসকল ক্ষুব্ধ হৈ উঠিছে। তামিলনাডুত পঞ্জীকৃত বাছ দেখিলেই অগ্নি সংযোগ কৰা হৈছে।
কৰ্ণাটকৰ ৰাজগোপাল নগৰত অগ্নি সংযোগ কৰি থাকোঁতে আৰক্ষীৰ গুলীত এজন লোক
নিহত হোৱাৰ লগতে আন এজন লোক আহত হৈছে। বিক্ষোভৰ জুইত ইতিমধ্যে ৰাস্তা আৰু ডিপোত
কমপক্ষে ৬ খন ট্ৰাক আৰু ২০ খন বাছ জাহ গৈছে। বেলাগামত স্কুল বাচৰ ওপৰতো
আক্রমণ চলিছে। দোকান-পোহাৰ বলপূর্বক বন্ধ কৰা হৈছে। বিক্ষোভকাৰীৰ তাণ্ডৱত বেংগালুৰু-মাইছোৰ
ৰাস্তা অচল হৈ পৰিছে। বাছ-ট্রাকত অগ্নি সংযোগ কৰাৰ সমান্তৰালভাবে শ্বো-ৰোম আৰু
বেংকত আক্ৰমণ সংঘটিত কৰা হৈছে।
ৰাস্তা-ঘাটত তামিল
লোকসকলক মাৰ-ধৰ কৰা হৈছে। সাংবাদিকসকলো আক্ৰমণৰ সন্মুখীন হ’ব লগা হৈছে।
স্থানীয় সংবাদ অনুসৰি কণাটকত বসবাস কৰা ২৫ লাখৰো অধিক সদস্য থকা তামিল নাগৰিকৰ এটি
সংগঠনে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ ওচৰত নিৰাপত্তা বিচাৰি আবেদন
জনাইছে। বিক্ষোভৰ কেন্দ্ৰ মান্দিয়াত চৰকাৰী কাৰ্যালয় লণ্ডভণ্ড কৰা হৈছে। কাৰ্যালয়ৰ
লগতেবল প্ৰয়োগ কৰি দোকান,
হোটেল আৰু
বাণিজ্যিক প্রতিষ্ঠান বন্ধ কৰা হৈছে। মৈচৰু আৰু হাচন জিলাত বিক্ষোভ
প্রদর্শন অব্যাহত আছে। টি চি এম, ইম্ফোচিচ, ওৱেপ্ৰোৰ লগতে আমাজনৰ কাৰ্যালয় বন্ধ ৰাখিব লগা হৈছে। বিক্ষোভকাৰীসকলৰ
দাবী, তামিলনাডুক যাতে
অলপো পানী এৰি দিয়া নহয়। কৰ্ণাটকৰ এজন কৃষকে কৈছে— ‘আমি তামিলনাডুক এফোটা পানী দিবলৈও
প্রস্তুত নহয়। আমাৰ ৰাজ্য চৰকাৰে কৃষকসকলৰ সমস্যা ঠিকমতে উপস্থাপন কৰিবপৰা নাই।
তাৰ বাবেই এই অৱস্থা।
বিক্ষোভকাৰীসকলে
তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাৰ পুত্তলিকা দাহ কৰিছে। বিক্ষোভকাৰীৰ তাণ্ডৱত
কিছু কিছু তামিল পৰিয়াল কৰ্ণাটক এৰি পলাই যাবলৈ বাধ্য হৈছে। দুই ৰাজ্যৰ মাজত বাছ
সেৱা বন্ধ হৈ থকাৰ ফলত বহুতে খোজকাঢ়িয়ে তামিলনাড়ুলৈ যাব লগা হৈছে। কৃষ্ণৰাজ
সাগৰ বান্ধৰ ওচৰে-পাঁজৰে তথা বৃন্দাবন গাৰ্ডেনলৈ দর্শনার্থীৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে।
দ্যা এছোয়েটিক চেম্বার্চ অফ কমার্চ এণ্ড ইণ্ডাষ্ট্রি অফ ইণ্ডিয়াই ক্ষয়-ক্ষতিৰ
খতিয়ান প্রস্তুত কৰি আছে। হিংসাত্মক কাৰ্যৰ ফলত ইতিমধ্যে ২৫০০০ কোটী টকাৰ
সম্পত্তি বিনষ্ট হৈছে বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে। ‘চিলিকন ভেলী’ৰ কাৰণে এয়া এক
বিৰাট অভিজ্ঞতা।
প্রতিক্রিয়া হিচাপে
তামিলনাডুতো কৰ্ণাটক ৰাজ্যৰ বাহন তথা কন্নড় লোকৰ দ্বাৰা পৰিচালিত হোটেলৰ ওপৰত
আক্ৰমণ সংঘটিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে কৰ্ণাটকৰ মুখ্যমন্ত্রী
সিদ্দাৰামাইয়াই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী মহানিৰ্দ্দেশকক দোষীৰ বিৰুদ্ধে
উপযুক্ত পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দ্দেশ দিছে, যাতে পৰিস্থিতি
অধিক অৱনতি হ’ব নোৱাৰে।
কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীক সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰ আশ্বাস
দিছে। আমাৰ অসমৰো হাজাৰ হাজাৰ ছাত্ৰ কৰ্ণাটক আৰু তামিলনাডুৰ বিভিন্ন
শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ লগতে বহু যুৱক বিভিন্ন কর্মত নিয়োজিত হৈ আছে।
তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমাৰ চৰকাৰ সজাগ হোৱা উচিত।
প্রধান মন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে হিংসাত্মক কার্যকলাপলৈ লক্ষ্য কৰি কৈছে- কাৰেী নদীৰ পানীৰ ভাগ-বাটোৱাৰালৈ
কৰ্ণাটক আৰু তামিলনাডুত যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হেছে, সেয়া দুঃখজনক।
মই দুঃখিত। কোনো সমস্যা হিংসাৰ জৰিয়তে সমাধান কৰিব নোৱাৰি। গণতন্ত্ৰত ধৈৰ্য আৰু
পাৰষ্পৰিক আলোচনাৰ জৰিয়তে সমাধান সূত্ৰ উলিয়াব পাৰি। এই বিবাদৰ সমাধান আইনৰ জৰিয়তে হ’ব পাৰে- আইন ভংগ
ইয়াৰ সমাধানৰ ৰাস্তা নহয়। বিগত দুই দিন ধৰি যি ধৰণৰ হিংসা আৰু অগ্নি সংযোগ হৈ
আছে, ইয়াৰদ্বাৰা
দুখীয়াৰহে ক্ষতি হৈ আছে। আমাৰ দেশৰ সম্পত্তিৰ ক্ষতি হৈ আছে।
প্রধান মন্ত্ৰীৰ এই
মন্তব্যৰ পাছতে বিজেপি নেতা সদানন্দ গৌড়াই কৈছে- কৰ্ণাটকৰ লোকক ইয়াৰ কাৰণে দোষী
সাৱ্যস্ত কৰা ঠিক নহয়। আমাৰ ওচৰত পানী নাই। তামিলনাডুৰ লোকে কৰ্ণাটকৰ লোকক
প্ৰৰোচিত কৰি আছে। আনহাতে কেন্দ্রীয় মন্ত্রী বেংকয়া নাইডুই কৈছে- চুপ্রিম কোর্টৰ
ৰায়ৰ পাছত এনেকুৱা
হিংসা ঠিক নহয়।
তামিলনাডু আৰু কৰ্ণাটকৰ
মাজত চলি থকা এই জলবিবাদ আজিৰ নহয়। প্রায় এশ বছৰ আগৰপৰা এই সমস্যা অব্যাহত আছে।
কাবেৰী নদী দীঘলে ৮০২ কিলোমিটাৰ। কৰ্ণাটকৰ কোডাগু জিলাত অৱস্থিত পশ্চিমঘাট পর্বত ইয়াৰ
উৎপত্তি স্থল। কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ আহি কাবেৰী নদী
দাক্ষিণাত্য মালভূমিৰ দক্ষিণ-পশ্চিমৰ নিম্নভূমিত বিভক্ত হৈ বংগোপসাগৰত পৰিছে। এই
নদীৰ ৪৪,০১৬ (৫৪ শতাংশ)
বৰ্গকিলোমিটাৰ তামিলনাড়ু, ৩৪,২৭৩ (৪২ শতাংশ)
বর্গকিলোমিটাৰ কৰ্ণাটক, ২৮৬৬ (৩.০৫
শতাংশ) বর্গ কিলোমিটাৰ কেৰেলা আৰু ১৪৮ বর্গকিলোমিটাৰ এলেকা পণ্ডিচেৰীৰ
অন্তৰ্গত। শতাব্দী ব্যাপী এই নদীয়ে দুই ৰাজ্যৰ কৃষি ব্যৱস্থাত উল্লেখযোগ্য অৰিহণা
যোগাই আহিছে। পর্যাপ্ত বৰষুণ হ’লে অৱশ্যে পানীৰ সংকট নহয়; কিন্তু বৰষুণ পৰ্যাপ্ত নহ'লে সেই বছৰ জল
সংকটে দেখা দিয়ে। ফলত ১৮৯২ আৰু ১৯২৪ চনৰ মাজত কাবেৰীৰ পানীৰ ভাগ-বাটোৱাৰা লৈ ব্ৰিটিচৰ দিনত
তেতিয়াৰ মাদ্রাজ প্রেচিডেন্সি আৰু মাইছোৰৰ মাজত এক বন্ধবস্ত হৈছিল। কিন্তু
কৰ্ণাটকৰ আপত্তি যে, তেওঁলোকে নদীৰ পাবলগীয়া পানী পোৱাৰ পৰা
বঞ্চিত হৈ আছে। তেতিয়া সেই বন্দৱক্ত মাদ্রাজ প্রেচিডেন্সীৰ অনুকুলে কৰা হৈছিল
বুলিও কৰ্ণাটকৰ দীৰ্ঘদিনীয়া অভিযোগ ৷ গতিকে তেওঁলোকে এই
বন্দৱস্তু পুনৰ বিবেচনাৰ বাবে আবেদন জনাইছিল। আনহাতে তামিলনাডুৰ মতে, তেওঁলোকৰ প্ৰায়
৩,০০০,০০০ একৰ কৃষিভূমি প্রচণ্ডভাবে
কাবেৰীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ সামান্যতম হেৰফেৰ হ'লেই তামিলনাডুৰ
লাখ লাখ কৃষকৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব।
ইয়াৰপৰা এইটো অনুমান
কৰিব পাৰি যে, উভয় ৰাজ্যৰ
কাৰণে কাবেৰী নদীৰ পানীৰ বিকল্প নাই। ফলত কাবেৰীৰ পানীৰ
ভাগ-বাটোৱাৰা লৈ বহু বছৰ ব্যাপী উভয় ৰাজ্য চৰকাৰৰ মাজত আলাপ-আলোচনা চলি
আছিল; কিন্তু তেওঁলোকে
ইয়াৰ কোনো গ্রহণযোগ্য সমাধান সূত্র উলিয়াব পৰা নাছিল। সেয়ে অৱশেষত
ভাৰত চৰকাৰে ১৯৯০ চনৰ ২ জুনত গ্রহণযোগ্য সমাধান সূত্ৰ উলিওৱাৰ কাৰণে কাবেৰী
জলবিবাদ ন্যায়াধীকৰণ (ট্ৰিবুনেল গঠন কৰি দিছিল। উক্ত ট্ৰিবুনেলে ১৬ বছৰ ব্যাপী উভয়
পক্ষৰ ওজৰ-আপত্তি শুনাৰ পাছত ২০০৭ চনৰ ৭ ফেব্ৰুৱাৰীত এক ৰায় দিছিল। উক্ত ৰায়যোগে ট্রিবুনেলে
তামিলনাডুক ৪১৯ বিলিয়ন, কর্ণাটকক ২৭০
বিলিয়ন, কেৰেলাক ৩০
বিলিয়ন আৰু পণ্ডিচেৰীক বছৰি ৭ বিলিয়ন কিউৱিক ফুটপানী দিয়াৰ বাবে সিদ্ধান্ত
লৈছিল। কিন্তু উক্ত সিদ্ধান্ত কোনো পক্ষই মানি লোৱা নাছিল। সেয়ে সিদ্ধান্তটো পুনৰ
বিবেচনাৰ বাবে ট্ৰিবুনেলত আবেদন জনাইছিল।
২০১২ চনৰ ১৯ চেপ্তেম্বৰত
তদানীন্তন প্রধান মন্ত্রী মনমোহন সিঙে (মনমোহন সিঙ কাবেৰী জলবিবাদ ন্যায়াধীকৰণৰ
চেয়াৰমেন আছিল) তামিলনাড়ু চৰকাৰক ৯০০০ কিউচেক পানী এৰি দিয়াৰ বাবে কৰ্ণাটক চৰকাৰক নিৰ্দ্দেশ
দিয়ে। কিন্তু এই সিদ্ধান্তৰ লগত সহমতত উপনীত হ’ব নোৱাৰি কৰ্ণাটক চৰকাৰে
উক্ত চনৰে ২১ চেপ্তেম্বৰত উচ্চ পৰ্যায়ৰ সভা আহ্বান কৰি ১৯ চেপ্তেম্বৰৰ ৰায়ৰ
বিৰুদ্ধে পুনৰ বিবেচনাৰ বাবে ‘কাবেৰী ৰিভাৰ অথ’ৰিটি’ৰ ওচৰত আবেদন জনায় আৰু পানী বন্ধ কৰি দিয়ে।
পানী বন্ধ কৰি দিয়াৰ ফলত ২৪ চেপ্তেম্বৰত কৰ্ণাটক চৰকাৰৰ পৰা পাবলগীয়া পানীৰ অংশ বিচাৰি
তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে বিষয়-ববীয়াসকলক চুপ্রিম কোর্টত আবেদন কৰিবলৈ
নিৰ্দ্দেশ দিয়ে। চুপ্রিম কোর্টে ২৮ চেপ্তেম্বৰত কাবেৰী ৰিভাৰ অথ’ৰিটিৰ সিদ্ধান্ত
বাহাল ৰাখে। ফলত বেলেগ কোনো গ্রহণযোগ্য সমাধান সূত্ৰ উলিয়াব নোৱাৰি কৰ্ণাটক
চৰকাৰে সাময়িকভাবে ‘কাবেৰী বিভাৰ অথ’ৰিটি’ৰ সিদ্ধান্ত মতে
পানী দিবলৈ বাধ্য হয় আৰু ৪ অক্টোবৰত চুপ্রিম কোৰ্টত এটি ৰিভিউ পিটিচন ফাইল কৰে। ৬
অক্টোবৰত কে’বাটাও কান্নাড়া সংগঠনে কান্নাড়
ও ওক্কোটাৰ প্ৰতিনিধিত্বত কৰ্ণাটক বন্ধৰ আহ্বান দিয়ে। ৮ অক্টোবৰত চুপ্রিম কোর্টে
তামিলনাডুক ৯ হাজাৰ কিউচেক পানী এৰি দিবলৈ কৰ্ণাটক চৰকাৰক নিৰ্দ্দেশ দিয়ে।
৯ অক্টোবৰত তামিলনাডুৰ
মুখ্যমন্ত্ৰীয়ে পুনৰ চুপ্রিম কোর্টত আবেদন কৰিবলৈ নিৰ্দ্দেশ দিয়ে আৰু নিৰ্দ্দেশ
অনুসৰি ১৭ অক্টেগ্নবৰত বিভাগীয় কর্তৃপক্ষই চুপ্রিম কোর্টত আবেদন কৰে। ফলত ৫
ডিচেম্বৰত চুপ্রিম কোর্টে তামিলনাডুক ১০,০০০ কিউচেক পানী এৰি দিবলৈ কৰ্ণাটক চৰকাৰক নিৰ্দ্দেশ দিয়ে।
ইয়াৰ পাছত বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজেৰে আহিচুপ্রিম কোটে ৫ চেপ্তেম্বৰত
তামিলনাডুক ১৫ হাজাৰ কিউচেক পানী এৰি দিবলৈ নিৰ্দ্দেশ দিছে।
চুপ্রিম কোর্টৰ এই ৰায়ৰ
বিৰুদ্ধে প্ৰত্যাহ্বান জনাই ইতিমধ্যে চুপ্রিম কোর্টৰ দুগৰাকী বিচাৰপতিৰ বিৰুদ্ধে
স্থানীয় আদালতত গোচৰ তৰা হৈছে। এই আবেদন প্রথম শ্ৰেণীৰ ন্যায়িক মেজিষ্ট্রেটৰ
আদালতত তৰা হৈছে। গোচৰ তৰিছে মান্দিয়াৰ নিবাসী এম ডি ৰাজন্নাই। ৰাজন্নাই কৰ্ণাটক
আৰু তামিলনাডুৰ মুখ্যসচিবদ্বয়ৰ লগতে কৰ্ণাটকৰ জল সংসাধন মন্ত্রী এম বি পার্টিলকো অভিযুক্ত
কৰিছে। কৰ্ণাটক আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ নামো এই অভিযুক্তৰ তালিকাত আছে বুলি
জানিবপৰা গৈছে। ৰাজন্নাই কৈছে যে, সংবিধানৰ ২৬২ ধাৰা অনুসৰি আন্তঃৰাজ্যিক জল বিবাদত চুপ্রিম
কোর্টে ৰায় দিব নোৱাৰে।
সংবিধানৰ এই ২৬২ ধাৰাৰ
অধীনতে গোচৰ তৰা হৈছে। এই গোচৰৰ ফলত কৰ্ণাটক ৰাজ্য কিমান লাভবান হয়
সেয়া সময়তহে নিৰ্ধাৰণ হ’ব। (জনসাধাৰণ-২৫-০৯-১৬)
প্ৰসংগঃ উড়িৰ সেনা
শিৱিৰত
পাকিস্তানী
সন্ত্রাসবাদীৰ আক্ৰমণ
ভাৰত নিয়ন্ত্রিত
কাশ্মীৰৰ উড়িৰ সেনা ছাউনীত পাকিস্থানী সন্ত্রাসবাদীৰ বৰ্বৰোচিত আক্ৰমণত ১৮ গৰাকী
সেনা নিহত হোৱাৰ পাছত দেশৰ সৰ্বত্ৰ পাকিস্তান বিৰোধী ধ্বনিৰ লগতে দেশৰ ঠায়ে ঠায়ে
পাকিস্তানী পতাকাত অগ্নি সংযোগ কৰা হৈছে। পকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ
বাবে দাবীও উত্থাপন
হৈছে সমগ্ৰ দেশত।
এটা দহক পাছত পাকিস্তানী
সন্ত্রাসবাদীৰ ভাৰতীয় সেনাৰ ওপৰত এয়া আছিল বৃহৎ আক্রমণ। ২০০১ চনৰ ১৩ ডিচেম্বৰত
লস্কৰ-ই-তৈবা আৰু জইচ-ই-মহম্মদৰ ৯ জন সন্ত্রাসবাদীয়ে ভাৰতীয় সংসদ ভৱনত আক্রমণ সংঘটিত কৰিছিল।
সন্ত্রাসীকেইজন গাড়ীত আহি ভূঁৱা পৰিচয়েৰে সংসদ ভৱন চত্বৰত অনুপ্ৰৱেশ
কৰিছিল। আক্রমণ সংঘটিত কৰাৰ ৪০ মিনিট আগতে ৰাজ্য আৰু লোকসভা উভয় সদনৰ অধিৱেশন
স্থগিত ৰখা হৈছিল যদিও গৃহমন্ত্ৰী এল কে আদৱানি, ৰাজ্যিক
প্ৰতিৰক্ষা মন্ত্ৰী হীৰেণ পাঠকৰ লগতে বহুইেগৰাকী সাংসদ তেতিয়াও সংসদ ভৱনত উপস্থিত
আছিল। সন্ত্রাসীকেইজন এ কে- ৪৭, গ্রেনেড লাঞ্চাৰ, পিস্তল আৰু গ্রেনেডেৰে সুসজ্জিত হৈ আহিছিল।
উক্ত আক্ৰমণত ৫ জন দিল্লী আৰক্ষী, এজন সংসদ ভৱনৰ সুৰক্ষা কর্মী ছহিদ হৈছিল। এজন
মালীৰে সৈতে আন ১৪ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ২২ জন লোক আহত হৈছিল। উক্ত
ঘটনাত পাঁচজন সন্ত্রাসবাদী নিহত হৈছিল আৰু চাৰিজন পলাই সাৰিছিল।
২০০২ চনৰ ১৪ মেইত
লস্কৰ-ই- তৈবাৰ তিনিজন পাকিস্তানী আত্মঘাতী সন্ত্রাসবাদীয়ে শ্রীনগৰৰ পৰা ৩০০
কিলোমিটাৰ নিলগত অৱস্থিত কালুচাকৰ আৰ্মী
কোৱাৰ্টাৰত আক্ৰমণ সংঘটিত কৰিছিল। সন্ত্ৰাসবাদীয়ে আৰ্মী ইউনিফর্ম পৰিধান কৰি এল ও
চি পাৰ হৈ বিজাপুৰৰপৰা বাচত উঠি কালুচাকলৈ আহিছিল। কালুচাকলৈ আহিয়ে সিহঁতে
ড্ৰাইবাৰ, কণ্ডাক্টৰৰ লগতে
যাত্ৰীসকলৰ ওপৰত গুলী বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। গুলীৰ শব্দ শুনি ভাৰতীয়
সেনাই সন্ত্রাসবাদীকেইজনক লক্ষ্য কৰি গুলী বর্ষণ কৰে। ফলত উপায়ান্তৰ হৈ
সন্ত্রাসবাদীকেইজনে আমী কোৱাৰ্টাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলায় ৷
তেতিয়া সেনাই সিহঁতক আগুৰি ধৰি তিনিও জন সন্ত্রাসবাদীকৰাতিপুৱা দহ বজাত হত্যা
কৰে। উক্ত আক্ৰমণত ৩ জন সেনা জোৱান, ১৮ জন সেনা জোৱান পৰিয়ালৰ সদস্য আৰু ১০ জন সাধাৰণ
নাগৰিক সহ ৩১ জন লোক নিহত হৈছিল। আহত হৈছিল ১২ ৰাতিপুৱা দহ বজাত হত্যা কৰে। উক্ত
আক্ৰমণত ৩ জন সেনা জোৱান,
১৮ জন সেনা জোৱান
পৰিয়ালৰ সদস্য আৰু ১০ জন সাধাৰণ নাগৰিক সহ ৩১ জন লোক নিহত হৈছিল। আহত হৈছিল ১২ জন
সেনা, ২০ জন সেনা
পৰিয়ালৰ সদস্য আৰু আন ১৫ জন সাধাৰণ নাগৰিক।
সম্প্ৰতি ১৮ চেপ্তেম্বৰত
চাৰিজন পাকিস্তানী সন্ত্রাসবাদী আন্ধাৰৰ সুযোগ লৈ সন্ধিয়া পাঁচ বজাত সীমা পাৰ হৈ ছালামাবাদ
নলাৰে প্ৰৱেশ কৰি বাৰামূলা জিলাৰ উড়িৰ ‘১২ আমী ব্রিগেড হেড কোৱাৰ্টাৰত সেনাৰ
শিফ্ট সলনিৰ সময়ত এই আক্রমণ চলায়। উক্ত আক্ৰমণৰ সময়ত সেনা জোৱানসকল শুই আছিল।
সন্ত্রাসবাদীৰ গ্রেনেড নিক্ষেপৰ ফলত ১৩ জন জোৱান জুইত পুৰি আৰু গুলীয়া-গুলীৰ
ফলত ৪ জন মুঠ ১৭ জন জোৱান ছহিদ হোৱাৰ লগতে আন ২৪ জন জোৱান আহত হয়।
সেনাৰ প্ৰত্যাক্ৰমণত
চাৰিওজন সন্ত্রাসবাদী নিহত হয়। সন্ত্রাসবাদী কেইজন জইচ-এ-মহম্মদৰ লগত সম্পর্কিত
বুলি চিনাক্ত কৰা হৈছে। সিহঁতৰপৰা চাৰিটা এ কে ৪৭ আৰু চাৰিটা ৰকেট লাঞ্চাৰৰ লগতে
বহু গুলী-বাৰূদ জব্দ কৰা হৈছে। সন্ত্রাসবাদী কেইজনৰ পৰা জব্দকৃত সামগ্ৰীত
পাকিস্তানৰ মাৰ্কিং পোৱা গৈছে। ভাৰতীয় বৈদেশিক ছেক্ৰেটাৰীয়ে
পাকিস্তানী হাই কমিচনাৰ আব্দুল বাছিদক মাতি আনি সেইবোৰ প্ৰমাণ প্ৰদান কৰিছে।
বৈদেশিক ছেক্ৰেটাৰীয়ে কৈছে যে, সন্ত্রাসবাদীকেইজনৰ ডিএনএ ছেম্পল আৰু আঙুলিৰ
ছাপো প্রমাণ হিচাপে পাকিস্তানক প্ৰদান কৰা হ'ব।
উড়িৰ বৰ্বৰ আক্ৰমণক
বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিছে। ইউ এন ছিকুৰিটি কাউন্সিলৰ ৫ খন স্থায়ী সদস্য
দেশৰ চাৰিখনে অর্থাৎ আমেৰিকা, ফ্রান্স, গ্রেট ব্রিটেন আৰু ৰাচিয়াই ভাৰতক মুকলিভাবে সমর্থন জনাইছে। একমাত্র চীনহে আছে
পাকিস্তানৰ পক্ষত। জার্মানীও ভাৰতৰ লগত আছে। বাংলাদেশ আৰু
আফগানিস্থানৰো ভাৰতৰ প্ৰতি সমর্থন আছে। অহা নৱেম্বৰত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া ছাৰ্ক
সন্মিলনত এই দুখন দেশে বৈঠক বয়কট কৰাৰ সম্ভাৱনা আছে।
উড়িৰ ঘটনা সংঘটিত হোৱাৰ
পাছতে প্ৰতিৰক্ষা মন্ত্রী মনোহৰ পাৰিকৰ আৰু সেনা প্রধান দলবীৰ সিঙৰ লগত কেন্দ্ৰীয়
গৃহন্ত্ৰী ৰাজনাথ সিং বৈঠকত মিলিত হৈছিল। উক্ত বৈঠকত নিৰাপত্তা উপদেষ্টা
অজিত দোভাল, গোয়েন্দা আৰু ‘ৰ’ (RAW (Research analysis wing)ৰ মুৰব্বী, সীমান্ত
নিৰাপত্তা ৰক্ষী, গৃহ ও প্ৰতিৰক্ষা
মন্ত্রণালয়ৰ শীৰ্ষ কৰ্মকৰ্ত্তাসকল উপস্থিত আছিল। ইয়াৰ পাছতেই প্রধান মন্ত্ৰী
নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী সভাৰ নিৰাপত্তা বিষয়ক বৈঠক আহ্বান
কৰিছিল। উক্ত বৈঠকত পাকিস্তান অধিকৃত কাশ্মীৰৰ সেনা ছাউনীত প্রত্যাক্ৰমণৰ বিষয়ে
আলোচনা কৰা হয়। বৈঠকত প্রধান মন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, যেহেতু সন্ত্রাসী
আক্ৰমণৰ পাছৰ পৰাই ভাৰতে বিভিন্ন দেশৰপৰা আন্তর্জাতিক সমৰ্থন পাবলৈ সক্ষম হৈছে, অধিকাংশ দেশেই পাকিস্তানক
প্রচণ্ডভাবে নিন্দা কৰি আছে, গতিকে পাকিস্তানক এঘৰীয়া কৰাৰ কাৰণে চেষ্টা চলোৱা হওঁক।
উক্ত বৈঠকতে পাকিস্তানৰপৰা নির্বাসিত বেলুচ নেতা ব্রহমিদাগ বুগতিকো আশ্রয়
দিয়াৰ সিদ্ধান্ত লোৱা হয়। বুগতি সম্প্ৰতি চুইজালেণ্ডৰ জেনেভাত আশ্ৰয় লৈ আছে।
বুগতি দুই এদিনৰ ভিতৰতে ভাৰতীয় দূতাবাসত প্রয়োজনীয় নথিপত্র জমা দিব বুলি সংবাদ সংস্থা
এ এন আইৰ সূত্ৰত প্ৰকাশ পাইছে।
সংবাদ মাধ্যমত প্ৰকাশ
পোৱা মতে উড়িৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাৰ
বিশেষ ফোৰ্চে উড়ি ছেৰ লগত সংলগ্ন লাইন অফ কট্রোল পাৰ হৈ তিনিটা
সন্ত্রাসী শিৱিৰ ধ্বংস কৰাৰ লগতে ২০ জন সন্ত্রাসবাদীক নিহত কৰিছে। ভাৰতীয় সেনাৰ
এই সাহসী আক্ৰমণৰ পাছতে পাকিস্তান সজাগ হৈ উঠিছে। সিহঁতে উত্তৰাঞ্চলৰ এল ও চি এলেকাৰ
লগত সংলগ্ন গিলগিট, স্কৰ্দু আৰু
চিৰালৰ সকলো ফ্লাইটৰ যাতায়ত ৰদ কৰিছে। কে’বাটাও হাইৱে বন্ধ কৰি দিছে।
২১ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া জাতি
সংঘৰ বৈঠকত অংশ গ্ৰহণ কৰিবলৈ যোৱাৰ আগতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী নৱাজ শ্বৰিফে ২০ চেপ্তেম্বৰত
পাকিস্তানী সেনা প্রধান ৰাহিল শ্বৰিফৰ লগত টেলিফোনত বাৰ্তালাপ কৰিছে। স্মর্তব্য যে, পাকিস্তানত সেনা
প্রধান অধিক শক্তিশালী। সেনা প্রধানৰ কথাতহে উঠ-বহ কৰে চৰকাৰ।
২১ চেপ্তেম্বৰত অনুষ্ঠিত
হোৱা জাতি সংঘৰ বৈঠকত অংশ গ্ৰহণ কৰি নিউইয়কৰপৰা উভতি অহাৰ সময়ত লণ্ডনত
পাকিস্তানৰ প্ৰধান মন্ত্ৰী নওৱাজ শ্বৰিফে উড়িৰ সন্ত্রাসী আক্ৰমণৰ কাৰণে
কাশ্মীৰৰ ঘটনাকে দায়ী কৰিছে। তেওঁৰ মতে, ভাৰতে অনুসন্ধান নকৰাকৈ পাকিস্তানক দোষী সাৱ্যস্ত
কৰিছে। আনহাতে
পাকিস্তানী মিডিয়া ৰিপোৰ্টত নৱাজ শ্বৰিফৰ উদ্ধৃতি দি কৈছে, ভাৰতে কোনো ধৰণৰ
অনুসন্ধান নকৰাকৈ ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে পাকিস্তানক
কেনেকৈ দোষী সাৱ্যস্ত কৰিব পাৰে? তেওঁ অভিযোগ উত্থাপন কৰিছে যে, সমগ্র পৃথিবী
কাশ্মীৰত ভাৰতীয় সেনাৰ অত্যাচাৰৰ বিষয়ে অৱগত। য'ত এতিয়ালৈকে প্রায় ১০৮ জন লোকৰ মৃত্যু হৈছে
আৰু ১৫০ জনে চকুৰ দৃষ্টি শক্তি হেৰুৱাইছে। হাজাৰ হাজাৰ লোক আহত হৈছে।
পাকিস্তান এই আক্ৰমণৰ লগত
জড়িত নাই বুলি পাকিস্তানৰ বিদেশ মন্ত্রণালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিত
কোৱা হৈছে যে, ভাৰতৰ অভিযোগ ভিত্তিহীন আৰু
দায়িত্বজ্ঞানহীন।
ইফালে দেশৰ পৰিস্থিতিৰ
বিষয়ে আলোচনা কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী স্থল সেনা আৰু বায়ুসেনাৰ
মুৰব্বীৰ লগত বৈঠকত মিলিত হৈছে। উড়ি আক্ৰমণৰ পাছত এই বৈঠকক গুৰুত্বপূৰ্ণ বুলি
ধাৰণা কৰা হৈছে। ইয়াৰ আগত মোদী চাউথ ব্লকস্থিত ‘ৱাৰৰোম’ত দুঘণ্টা কাল পাৰ কৰিছে। ‘ৱাৰৰোম’ত প্ৰধান
মন্ত্ৰীৰ লগত আছিল স্থল সেনা প্রধান দলবীৰ সিং সুহাগ আৰু নৌসেনা প্রধান এডমিৰাল
সুনীল লাম্বা। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দেশৰ আটাইতকৈ শক্তিশালী কন্ট্রোলৰোমত মোদীক
দেশৰ গোপনীয় বিষয়ৰ লগতে শত্ৰুৰ ঠিকনাৰ বিষয়ে অৱগত কৰোৱা হৈছে। উক্ত বৈঠকৰ সময়ত প্ৰধান
মন্ত্ৰীৰ সন্মুখত এটি ডাঙৰ মেজৰ ওপৰত বালিৰে নিৰ্মিত পাকিস্তানৰ এটি নক্সা ৰখা
হৈছিল। তিনি গৰাকী সেনা প্রধানে পর্যায়ক্রমে কোনটো অপাৰেশ্বনৰ
সময়ত সেনাই কোনটো ঠিকনাত কেনেকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব তাৰ ৰূপৰেখা দেখুৱা
হৈছে। সেনা প্রধানসকলে মোদীক স্পষ্টভাবে বুজাই দিছে যে, দুখন পৰমাণু
শক্তিধৰ দেশৰ মাজত কোনো অৱস্থাতেই যুদ্ধ সম্ভৱ নহয়। সন্ত্রাসবাদ প্ৰসংগত আমেৰিকা, ব্রিটেইন, জার্মানীৰ দৰে শক্তিশালী
দেশ যিমানেই ভাৰতৰ কাষত থিয় নিদিয়ক কিয় যুদ্ধৰ পৰিস্থিতি তৈয়াৰ হ’লেই তেওঁলোকে
বাধা প্রধান কৰিব।
ইয়াৰ প্ৰমাণো ইতিমধ্যে
দেখা গৈছে। উড়ি আক্ৰমণৰ পাছত ভাৰতৰ পক্ষত থকাৰ প্ৰতিশ্ৰুতি দিয়া ৰাচিয়াই যোৱা
২৪ চেপ্তেম্বৰৰপৰা পাকিস্তান সেনাৰ লগত যৌথ যুদ্ধাভ্যাস আৰম্ভ কৰিছে। এই
যুদ্ধাভ্যাস ৭ অক্টোবৰলৈ চলিব। পাকিস্তানক এম আই-৩৫ আক্ৰমণকাৰী হেলিকপ্তাৰ বিক্ৰীৰ
বাবেও স্বাক্ষৰ কৰিছে।
মিডিয়া ৰিপোৰ্টৰ খবৰ অনুসৰি ৰাচিয়াৰপৰা ৫০-৩৩৫ ফাইটাৰ জেট বিমান কিনাৰ বাবেও
পাকিস্তানে যত্ন কৰি আছে।
নিৰ্বাচনৰ সময়ত প্ৰধান
মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্রাসী আক্ৰমণৰ পাছত মনমোহন সিং চৰকাৰক উপহাস কৰি
কৈছিল- পাকিস্তানক প্রেমপত্র নহয়, সিহঁতৰ ভাষাতেই জবাব দিব লাগিব। সেনা প্রধানৰ
লগত আলোচনাৰ পাছতে তেওঁৰ সুৰ সলনি হৈছে। তেওঁ কোজিকোডত দলীয় সভাত কৈছে- তেওঁৰ চৰকাৰ
পাকিস্তানক কূটনৈতিকভাবে এঘৰীয়া কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব।
মোদীৰ এই বক্তব্যৰ পাছতে
ছহিদ জোৱান দিনেশ গিৰিৰ পৰিবাৰে কৈছে- মৃত জোৱানৰ পৰিয়ালেই মাথোন যন্ত্রণা
উপলব্ধি কৰিব পাৰে। প্ৰধান মন্ত্ৰীৰ ওচৰত আবেদন, পাকিস্তানক
মোক্ষম আঘাত দিয়া উচিত। এতিয়া সময়তহে পৰিষ্কাৰ হ’ব পাকিস্তানী সন্ত্রাসবাদীৰ বৰ্বৰতাক বাধা
প্ৰদানৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে।
(জনসাধাৰণ-
২৫-০৯-১৬)
নিষিদ্ধ হ’ব পাৰে জাকিৰ
নায়েকৰ
ইছলামিক ৰিচাৰ্চ
ফাউণ্ডেশ্বন
বিতর্কিত ইছলামিক
প্রবক্তা জাকিৰ নায়েক প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন(আই আৰ এফ) বিৰুদ্ধে
‘ফৰেইন
কন্ট্রিবিউশ্বন ৰেগুলেশ্বন এক্ট- ২০১০ৰ অধীনত বিদেশী অনুদান আইন লংঘনৰ অভিযোগ
অনা হৈছে। ভাৰতৰ গৃহমন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনাইছে যে, কোনো এন জি ও বা প্ৰতিষ্ঠানৰ
পঞ্জীকৰণ স্থগিত বা বাতিল কৰাৰ আগতে এই ধৰণৰ জাননী জাৰী কৰা হয়। বিগত মাহৰ ১
জুলাইত ঢাকাত সংঘটিত হোৱা সন্ত্রাসী আক্ৰমণৰ ঘটনাৰ লগত জড়িত সন্ত্রাসবাদীসকল জাকিৰ
নায়েকৰ ভাষণ শুনি সন্ত্ৰাসবাদৰ প্ৰতি উদ্বুদ্ধ হৈছিল বুলি তথ্য প্ৰকাশ হোৱাৰ
পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে তদন্ত কমিটি গঠন কৰা হৈছে। ৮ আগষ্টতত উক্ত তদন্ত কমিটিয়ে
মহাৰাষ্ট্ৰ চৰকাৰক প্রতিবেদন দাখিল কৰিছে।
প্রতিবেদনৰপৰা বিতর্কিত
ধর্মগুৰু জাকিৰ নায়েক সম্পর্কে জানিব পৰা গৈছে যে, তেওঁ ডংগ্ৰীস্থিত ‘ইছলামিক ৰিচাৰ্চ
ফাউণ্ডেশ্বন’ৰ প্ৰতিষ্ঠাতা।
ইয়াৰ বাহিৰেও তেওঁৰ আন
এটি এডুকেশ্বন ট্রাষ্ট আছে। জাকিৰ নায়েকৰ আন চাৰিটা কোম্পানী থকাৰ কথাও মুম্বাই
পুলিচৰ অনুসন্ধানত পোহৰলৈ আহিছে।
সেই কোম্পানীকেইটাৰ
সঞ্চালক তেওঁৰ পৰিয়ালৰ সদস্য। পুলিচৰ অনুসন্ধানত পোহৰলৈ আহিছে যে, জাকিৰ নায়েকৰ
লগত সম্পর্কিত বেংক একাউণ্টত বিগত তিনি বছৰত ৬০ কোটি টকা জমা কৰা
হৈছে। এই টকা বেলেগ বেলেগ তিনিখন দেশৰপৰা আহিছে। নাম প্রকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই
জনাইছে যে, জাকিৰ নায়েকৰ
পৰিয়ালৰ পাঁচজন সদস্যৰ নামত এই টকা জমা কৰা হৈছে। পুলিচ সূত্ৰৰ মতে এই লেনদেনৰ
পৰীক্ষা কৰি থকা হৈছে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে যে, কি কাৰণত এই টকা
জমা কৰা হৈছে এতিয়ালৈকে তেওঁলোকে সেই তথ্য উদ্ঘাটন কৰিবপৰা নাই। বিষয়াজনে
এই কথাও স্পষ্ট কৰিছে যে,
বেংকৰ পাছবুকবোৰ
কোনো এন জি ওৰ লগত সম্পর্কিত নহয়, সেয়া জাকিৰ নায়েকৰ নিজস্ব। এই বিষয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী
আৰ্শ্বিদ কুৰেশ্বীৰ বাহিৰে বেলেগ সদস্যক জেৰা কৰা হোৱা নাই। আৰক্ষীয়ে ইনকাম টেক্স
বিভাগৰপৰা এই কোম্পানীকেইটাৰ বিশদ বিৱৰণ বিচাৰিছে। ‘কোম্পানী’ৰ ফাণ্ড ক’ৰপৰা আহে, ধৰ্ম পৰিৱৰ্ত্তনৰ
কাৰণে এইবোৰ কোম্পানীৰপৰা ফাইনেন্স কৰা হয় নেকি’ এই বিষয়ে সম্পূর্ণ তথ্য জনাৰ পাছতহে
পৰিয়ালৰ সদস্যসকলক জেৰা কৰা হ’ব।
বিগত মাহত কেৰালা আৰু
মহাৰাষ্ট্ৰ আৰক্ষীয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী
আৰ্শিদ কুৰেশ্বীক গ্ৰেপ্তাৰ কৰিছিল। জেৰাৰ সময়ত তেওঁ কৈছে যে, ধর্ম পৰিৱৰ্ত্তন কৰা
লোকক এই আই আৰ এফৰ পৰা ফাইনেন্স কৰা হয়। মুম্বাই কংগ্ৰেছে মহাৰাষ্ট্ৰ চৰকাৰক
বিতর্কিত ধর্মগুৰু জাকিৰ নায়েকৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা
গ্ৰহণ কৰাৰ বাবে আহ্বন জানাইছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডাবীচে
কৈছে যে, জাকির নায়েকৰ
ভাষণ বিষাক্ত আৰু তেওঁৰ ভাষণে দেশত সাম্প্রদায়িক হিংসা বিয়পাইছে। কংগ্ৰেছ
নেতা পি এন পুণিয়াই কৈছে,
জাকিৰ নায়েকৰ
বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে পোৱা সকলো তথ্য
প্রকাশ আৰু ৰাজহুৱা কৰা উচিত। লগতে সম্পূর্ণ বিচিক্ষণতা প্ৰয়োগ কৰি জাকিৰ নায়েকৰ
বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।
জাকিৰ নায়েকৰ বিৰুদ্ধে
পর্যাপ্ত সাক্ষ্য-প্রমাণ পালে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা
গ্ৰহণ কৰা উচিত বুলি কংগ্ৰেছ ‘স্পোকছপাৰ্ছন’ প্রিয়ংকা চতুর্বেদীয়েও দাবী কৰিছে। তেওঁ আৰু
কৈছে, আমি দেখি আছো যে, জাকিৰ নায়েকৰ
ক্ষেত্ৰত গৃহমন্ত্রণালয়ৰ তৰফৰপৰা ৰাজনীতি কৰি থকা হৈছে। এফালে গৃহ
মন্ত্রণালয়ে জাকিৰ নায়েকৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য পোৱা নাই বুলি কৈ আছে আৰু
আনফালে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য কৰি আছে। দেৱেন্দ্ৰ
ফাণ্ডাবীচে মংগল বাৰদিনা মিডিয়াৰ লগত কথা পতাৰ সময়ত কৈছে যে, জাকিৰ নায়েক যদি
দেশলৈ প্ৰত্যাৱৰ্ত্তন নকৰে তেনেহ'লে তেওঁৰ প্ৰত্যাৱৰ্ত্তনৰ বাবে দাবী জনোৱা হ’ব। সম্প্ৰতি
মুম্বাই আৰক্ষীয়ে আন আন এজেঞ্চীৰ লগত একলগ হৈ জাকিৰ নায়েকৰ ফাউণ্ডেশ্বনে লাভ কৰা অনুদানৰ
টকা আৰু তেওঁৰদ্বাৰা পৰিচালিত এটি এন জি ওৰ অনুসন্ধান কৰি আছে।
জাকিৰ নায়েকৰ দ্বাৰা
প্ৰতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ কিছু টেলিগ্ৰাম সন্ত্রাসবাদী সংগঠনৰ লগত
সম্বন্ধিত বুলি দাবী কৰা হৈছে। মুম্বাইৰ ২৬/১১ৰ সন্ত্রাসী আক্ৰমণৰ ‘মাষ্টাৰ মাইণ্ড’ হাফিজ ছঈদৰ লগত
জাকিৰ নায়েকৰ ফাউণ্ডেশ্বনৰ সম্বন্ধ থকাৰ কথাও পোহৰলৈ আহিছে। ৮ আগষ্ট মংগলবাৰে দাখিল
কৰা প্ৰতিবেদনত মুম্বাই আৰক্ষীয়ে আই আৰ এফৰ সদস্যই মুম্বাইৰ এজন যুৱকক আইচিচত
যোগদানৰ বাবে উদ্বুদ্ধ কৰিছিল বুলি প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীৰ প্ৰতিবেদনত
নিষিদ্ধ কে'বাটাও সংগঠনৰ লগত
জাকিৰ নায়েকৰ সংগঠন আই আৰ এফৰ সম্বন্ধ থকা বুলি পর্যাপ্ত সংকেত আছে।
জামাত-উদ-দাৱাৰ ওৱেভচাইটত আই আৰ এফক ধাৰ্মিক শিক্ষাৰ কাৰণে তালিকাভূক্ত কৰা হৈছে
বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
জামাত-উদ-দাৱা
সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সহকাৰী প্ৰতিষ্ঠাপক হাফিজ ছৈয়দে গঠন কৰিছিল। আই
আৰ এফে দক্ষিণ এচিয়াৰ একমাত্ৰ সংগঠন যাৰ নাম জামাত-উদ-দাৱাৰ ওৱেভচাইটত আছে।
ৰাষ্ট্ৰ সংঘই ২০১০ চনতে জামাত-উদ-দাৱাক সন্ত্রাসবাদী সংগঠন বুলি ঘোষণা কৰিছিল। মুম্বাইৰ আশ্বফাক
আৰু কেৰেলাৰ প্ৰায় ২০ জন যুৱকক আইছিচত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই
আৰ এফৰ লগত সম্পর্কিত তিনিজন লোকক ইতিমধ্যে শাস্তি প্রদান কৰা হৈছে। আই আৰ এফৰ
গতিবিধিৰ ওপৰত তদন্ত কৰি মুম্বাই আৰক্ষীয়ে ৭১ পৃষ্ঠাৰ এখন প্রতিবেদন মহাৰাষ্ট্ৰ
চৰকাৰক দাখিল কৰিছে। প্রতিবেদনখনত জাকিৰ নায়েকৰ ভাষণ নিষিদ্ধ কৰাৰ ভাবে চুপাৰিছ্ কৰা
হৈছে। আৰক্ষীৰ মতে জাকিৰ নায়েকৰ উত্তেজিত ভাষণ শুনি কে’বাজনো যুৱক সন্ত্রাসবাদৰ
প্ৰতি আকৰ্ষিত হৈছে।
প্রতিবেদন অনুসৰি ৪০০-৫০০
জন মানুহৰ ধৰ্ম পৰিৱৰ্ত্তনৰ আঁৰত জাকিৰ নায়েকৰ হাত আছিল। মুম্বাই আৰক্ষীয়ে এই
প্রতিবেদনখন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্রতিবেদনখনৰ বিষয়ে
কেন্দ্ৰীয় চৰকাৰৰ লগত যৌথভাবে আলোচনা কৰি জাকির নায়েক আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা
গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা
গৈছে।
মংগলবাৰ দিনা প্রতিবেদনখন
প্ৰকাশ হোৱাৰ পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে অনা সকলো অভিযোগ আই আৰ এফৰ ফালৰপৰা
নাকচ কৰা হৈছে। ফাউণ্ডেশ্বনৰ ফালৰ পৰা দিয়া বিবৃতিত কোৱা হৈছে, ‘আই আৰ এফে’ ইয়াকে ক’ব খোজে যে, সকলো অভিযোগ ভুল
আৰু ভিত্তিহীন। জাকিৰ নায়েকৰ পৰিয়ালে শান্তি আৰু সৌহৃদ্য অটুট ৰখাত
বিশ্বাসী আৰু এয়া দহক ব্যাপী কৰি আহিছে।' বিদেশৰপৰা অহা অনুদানৰ কোনো অবৈধ লেন-দেন নহয়। টকাবোৰ বগা
টকা হিচাপে বেংক একাউণ্টলৈ আহে আৰু ইয়াৰ নথী (ৰেকৰ্ড)সমূহ যথাযথভাবে পালন হয়।
ইয়াৰ সকলো ৰেকৰ্ড ইনকাম টেক্স বিভাগে ২০১৫ চনলৈকে পৰীক্ষা কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ লগত
যৌথভাবে আলোচনা কৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে জাকিৰ নায়েকৰ বিৰুদ্ধে আইনী ব্যৱস্থা
গ্ৰহণ কৰিব। অনাগত দিনত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ বিৰুদ্ধে
নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে বুলি
ধাৰণা কৰা হৈছে। ধৰ্ম পৰিৱৰ্ত্তন আৰু আইছিছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আৰ্শীদ
কুশ্বেীক বিগত মাহত অনুসন্ধান এজেঞ্চীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ধৰ্ম পৰিৱৰ্ত্তনৰ
ফাণ্ড আই আৰ এফৰ ফালৰপৰা প্ৰদান কৰা হয় বুলি আৰ্শ্বিদ কুৰেশ্বীয়ে স্বীকাৰ কৰিছিল।
মুম্বাই আৰক্ষীৰ কমিচনাৰ দত্তাত্ৰয় পডচালগীকৰে মংগলবাৰে সংবাদ মাধ্যমক প্রতিবেদনৰ
সবিশেষ দিবলৈ অস্বীকাৰ কৰিছে। তেওঁ কৈছে- ‘আমি আইন বিশেষজ্ঞসকলৰ পৰা এই বিষয়ে পৰামৰ্শ ল'ম আৰু
মুখ্যমন্ত্ৰীৰ আদেশৰ পাছত পৰৱৰ্ত্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিম। ৭১ পৃষ্ঠাৰ
প্ৰতিবেদনত কোৱা হৈছে যে,
জাকিৰ নায়েকৰ
ভাষণে ধর্ম সম্বন্ধে মানুহৰ মূৰত পূৰ্বাগ্রহ সৃষ্টি কৰাৰ লগতে ধার্মিক সৌহৃদ্য
বিনষ্ট আৰু গোড়ামী
বিয়পোৱাত সহায় কৰে।
প্রতিবেদনখনৰ দুই নম্বৰ
পৃষ্ঠাত ১০ টা পইণ্টৰ জৰিয়তে নিষ্কষ (ভূমিকা) লেখা হৈছে। মুম্বাই আৰক্ষীয়ে জাকিৰ
নায়েক আৰু তেওঁৰ সংস্থা আই আৰ এফৰপৰা ৩০ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে।
সোমবাৰে এই সন্দৰ্ভত জাননী জাৰী কৰা হৈছে। বিদেশী অনুদানৰপৰা সংগ্ৰহ কৰা টকা
ৰাজনৈতিক আৰু ধৰ্মীয় গোড়ামী বিয়পোৱাৰ কাৰণে ব্যৱহাৰ কৰা বুলি চৰকাৰে আই আৰ এফৰ
বিৰুদ্ধে অভিযোগ আনিছে। ইয়াৰ আগতে ধৰ্ম পৰিৱৰ্ত্তন আৰু আইছিছত ভৰ্ত্তি
কৰোৱাৰ অভিযোগত আই আৰ এফৰ চাৰিৰ্জন কৰ্মচাৰীৰ বিৰুদ্ধে নাগপাড়া পুলিচ ষ্টেচনত এফ
আই আৰ দাখিল কৰা হৈছিল। এই চাৰিজনৰ ভিতৰত আই আৰ এফৰ কৰ্মচাৰী আৰ্শ্বিদ
কুৰেশ্বী আৰু ৰিজৱান শ্বেখৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে, এওঁলোকে ২১ জন যুৱকক
আইছিছত যোগদানৰ বাবে উৎসাহিত কৰিছিল। ইয়াৰে এটা অভিযোগ ক্ৰোলাৰপৰা নিৰুদ্দেশ হোৱা
২২ বছৰীয়া আশ্বফাক আব্দুল মজিদৰ পিতৃৰ অভিযোগৰ ভিত্তিত দাখিল কৰা
হৈছে। আশ্বফাকৰ পিতৃয়ে আইছিছত ভৰ্ত্তি হোৱাৰ বাবে তেওঁৰ পুতেকক উৎসাহিত কৰিছিল বুলি এওঁলোকৰ
বিৰুদ্ধে অভিযোগ আনিছে।
গতিকে জাকিৰ নায়েকৰ
সংস্থা অনাগত দিনত নিষিদ্ধ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। (নৱ ভাৰত টাইম্স
আৰু অন্যান্য উৎসৰপৰা সংগৃহীত।)
(জনসাধাৰণ-
১৩-০৮-১৬)
নাহিদ বিতৰ্কৰ
আঁৰৰ কাহিনী
পঞ্চতন্ত্রত এটি সাধু
আছে। সাধুটো এনেকুৱা- এটা বাঘে এদিন এটি নিজৰাত পানী খাই আছিল। এনেতে এটা ভেড়া
পোৱালিও তালৈ পানী খাবলৈ আহিল। ভেড়া পোৱালিটো দেখি বাঘৰ লোভ লাগিল; যেনে-তেনে উপায়ে
পোৱালিটোক খোৱাৰ কথা ভাবিলে। খাবলৈ হ'লে কিবা এটা দোষ ধৰি খাব লাগে। সেয়ে বাঘে
পোৱালিটোক ডাবি মাৰি ক'লে- অই, তই মোৰ পানী ঘোলা
কৰিলি কিয়? মই পানী খাই থকা
তই দেখিছ নে নাই? ভেড়া পোৱালিটোৱে
নিজৰাৰ নামনিৰ ফালে পানী খাই আছিল। সেয়ে ভেড়া পোৱালিটোৱে ভয়ে ভয়ে ক’লে- মই পানী খাই
আছো নামনিৰ ফালেহে, তোমাৰ পানী ঘোলা কৰিলো
কেনেকৈ? বাঘে দেখিলে
কথাটো সঁচা। কিন্তু যিকোনো উপায়ে দোষ উলিয়াই পোৱালিটোক খাব লাগে। সেয়ে বাঘে ক’লে- তই নহয় তোৰ দেউতাৰে
খাইছিল। এইদৰে কৈয়ে বাঘে দোষ খুচৰি উলিয়াই ভেড়া পোৱালিটোক খাই পেলালে।
বিশেষ এক ধৰ্মৰ বিৰুদ্ধে
দোষ খুচৰাৰ তেনেকুৱা এক প্রচেষ্টাই সম্প্রতি অব্যাহত আছে অসমত। ফলত এক অনাকাংক্ষিত
বিতৰ্কৰ সূচনা হৈছে। এইবাৰৰ এই বিতৰ্কত সাৰ-পানী যোগাইছে গণতন্ত্ৰৰ
চতুৰ্থ স্তম্ভ হিচাপে স্বীকৃত সংবাদ মাধ্যমবোৰে। কণমাণি গায়িকা নাহিদ আফ্ৰিনৰ
সংগীত নিষিদ্ধকৰণ তথা পৰিৱেশনক লৈ সম্প্রতি চলি আছে এই বিতর্ক। সংবাদ মাধ্যমে সূচনা কৰা এই
বিতৰ্কত সম্প্ৰতি চৰকাৰ, প্ৰশাসন জড়িত হৈ
পৰা পৰিলক্ষিত হৈছে। মুছলিম ধৰ্মগুৰু মানেই যেন সন্ত্রাসী এই মনোভাবেৰে নাহিদৰ কাৰণে
নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা হৈছে। কোনো কোনো গণমাধ্যমত নাহিদৰ বিৰুদ্ধে বিৰূপ মন্তব্যও
কৰা দেখা গৈছে। কিন্তু আচৰিত কথা যে, প্ৰকৃতাৰ্থত সেইখন নাহিদৰ প্ৰতি কোনো ভাবুকি বা
বিৰুদ্ধে কোনো ফতোৱা নাছিল। (এইখিনিতে এষাৰ
কথা উল্লেখ কৰা উচিত হ’ব যে, ফতোৱা শব্দৰ অৰ্থ
বহুতে ভবা ধৰণে নিষেধাজ্ঞা নহয়। ফতোৱাৰ অৰ্থ হ'ল ইছলামিক আইন।) সেইখন আছিল
সাধাৰণ এক গোহাৰিপত্ৰহে। (ৰাষ্ট্ৰীয় চেনেল এনডি টিভিয়ে এই বাতৰি সন্দৰ্ভত ক্ষমা
খোজাত এই কথা অধিক স্পষ্ট হৈ পৰিছে।)।
কেইজনমান ব্যক্তিৰ গোহাৰি
পত্ৰখনকে ফতোৱাৰ ৰূপ দি সংবাদ মাধ্যমবোৰে ‘ব্রেকিং নিউজ’ সৃষ্টি কৰিলে। টকশ্ব’ পাতিলে। স্বয়ং
মুখ্যন্ত্ৰীৰ নিৰ্দ্দেশত প্ৰশাসনে নাহিদক নিৰাপত্তাও দিলে। এই নাটক কৰাৰ
মূলত প্ৰকৃতাৰ্থত ইছলামক হেয় প্রতিপন্ন কৰাৰ এক মানসিকতা প্ৰচ্ছন্ন হৈ আছে বুলি
বহুতে ভাবিবলৈ বাধ্য
হৈছে।
সম্প্রতি এক নগণ্য সংখ্যক
ভণ্ড ইছলাম প্রেমী সন্ত্রাসীৰ নৃশংস বৰ্বৰতাৰ গইনালৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো
ইছলামৰ বিৰুদ্ধে বদনাম অব্যাহত আছে। অসম এই ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্যৰ
তুলনাত সামান্য হ’লেও পিছপৰি আছিল।
কিন্তু অতি সম্প্রতি শংকৰ-আজানৰ দেশ অসমতো অনুৰূপ পৰিৱেশ সৃষ্টিৰ
কাৰণে সচেষ্ট হৈ উঠিছে একাংশ তথাকথিত দেশপ্রেমিক। ফলত নাহিদৰ সংগীত পৰিৱেশনক লৈ
এখন নাটক কৰা হ’ল। পঞ্চতন্ত্ৰৰ
সাধুৰ দৰে যেনে-তেনে
ইছলামৰ দুৰ্নাম কৰি ইছলামধর্মী লোকসকলক হেয় প্রতিপন্ন কৰিব লাগে এইখন নাটকৰ মূলত
তেনেকুৱা অৱধাৰণাই প্ৰচ্ছন্ন হৈ থকা বুলি বহুতে ভাবিবলৈ বাধ্য হৈছে। অৱশ্যে মুছলিম
বুদ্ধিজীৱীসকলৰ লগতে বিভিন্ন মুছলিম সংগঠন বিশেষকৈ আমছুই নাহিদৰ পক্ষত থিয় দি
নাহিদক গীত গাবলৈ
উৎসাহিত কৰাত এই বিতর্ক সম্প্ৰতি বহু পৰিমাণে শাম কাটিছে; কিন্তু ইয়াৰ
মাজতে এক বিশেষ ৰাজনৈতিক দলে ধর্মীয় আবেগৰ সহায় লৈ বিতৰ্কটো জীয়াই
ৰখাৰ কাৰণে সচেষ্ট হৈ আছে বুলি বহুতে সন্দেহ কৰি আছে।
ধৰ্ম আৰু ৰাজনীতিৰ মিলনৰ
ফলতে সাম্প্রদায়িক অসহিষ্ণুতা বৃদ্ধি পাইছে বুলি বহুতেই ক'ব খোজে যদিও
প্রকৃতাৰ্থত ৰাজনীতিত অপৰাধী আৰু অতি ক্ষমতালোভী ব্যক্তিৰ প্ৰবেশৰ ফলতহে ধর্মীয়
অসহিষ্ণুতা বৃদ্ধি পাইছে বুলি ক'ব পাৰো। কাৰণ ক্ষমতা লাভৰ কাৰণে অপৰাধী আৰু অতি ক্ষমতালোভী
ব্যক্তিসকলে মানুহৰ ধৰ্মীয় অনুভূতিৰ সহায় লৈ মেৰুকৰণ কৰি নিৰ্বাচনী বৈতৰণী পাৰ
হয়। যি প্ৰবৃত্তি সম্প্রতি সমগ্ৰ ভাৰতবৰ্ষতে গা কৰি উঠিছে। দেশপ্রেম, সম্প্রদায় প্রেম, জাতি, মাটি, ভেটি তেওঁলোকৰ
কাৰণে গৌণ— ক্ষমতা দখলহে
তেওঁলোকৰ কাৰণে মুখ্য। আমাৰ দেশৰ ৰাজনীতিত কুৰি শতাংশতকৈও অধিক অপৰাধী আৰু ভণ্ড দেশ
প্রেমিকৰ প্ৰবেশ ঘটিছে বুলি বিভিন্ন মাধ্যমত ইতিমধ্যে প্রকাশ পাইছে। এওঁলোকৰ মাজৰ
কিছু সংখ্যকে আকৌ
মন্ত্ৰীৰ দৰে দায়িত্বশীল পদতো নিয়োজিত হৈছে। এওঁলোকে ৰাজনৈতিক মুনাফা আদায়ৰ
কাৰণে মানুহৰ মাজত ধৰ্মীয় উন্মাদনা সৃষ্টিৰ কাৰণে অহৰহ
চেষ্টা চলাই আছে। ইয়াৰ ফলত দেশত অপৰহণ, হত্যা, সন্ত্রাসী কার্যকলাপ বৃদ্ধি পাইছে। মানুহৰ
মৌলিক অধিকাৰ ৰুটি, কাপোৰ আৰু গৃহৰ ওপৰত ভাবুকি
আহি পৰিছে। মানুহ নিৰাপত্তাহীনতাত ভুগিছে। শান্তি-সম্প্রীতি বিনষ্ট হৈছে।
এতিয়া প্ৰশ্ন উদয় হয়, ভাৰতৰ দৰে
গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এই মানসিকতা কিমান গ্রহণযোগ্য ? ভাৰতীয় সংবিধান
তথা ভাৰত ৰাষ্ট্ৰ বুনিয়াদ সমানতা, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্রিক ধাৰণাৰ ওপৰত
আধাৰিত। সংবিধানত স্পষ্টভাবে ঘোষণা কৰা হৈছে যে, ধৰ্মৰ আধাৰত ভাৰতীয় জনগণক ভেদাভেদ কৰিবপৰা নাযাব।
ধৰ্মৰ আধাৰত কাকো অযোগ্য বুলি প্ৰতিপন্ন কৰিবপৰা নাযাব। প্রত্যেকৰে নিজা নিজা ধৰ্ম
পালন আৰু প্ৰচাৰ-প্ৰসাৰৰ স্বতন্ত্রতা থাকিব। সকলো ধার্মিক
সংস্থাই নিজৰ ধৰ্মীয় শিক্ষাৰ কাৰণে প্রতিষ্ঠান স্থাপন কৰিব পাৰিব। চৰকাৰী সংস্থাই
ধাৰ্মিক শিক্ষা প্রদান কৰিব নোৱাৰিব। কোনো ধৰ্মাৱলম্বী লোকে বেলেগ ধৰ্মৰ মানুহৰ লগত
শত্রুতাপূর্ণ ব্যৱহাৰ, নিন্দা তথা ঘৃণা
কৰিব নোৱাৰিব। কিন্তু সংবিধান প্রদত্ত এইসমূহ গণতান্ত্রিক ধাৰণা ভাৰতবৰ্ষত কিমান
সুৰক্ষিত সেয়া দ’কৈ ভাবি চোৱা
প্ৰয়োজন৷
ভাৰতবৰ্ষ প্রধান দুই বৃহৎ
সম্প্ৰদায়ৰ দেশ। হিন্দু আৰু মুছলমান। এই দুই সম্প্ৰদায়ৰ জনসংখ্যা দেশৰ মুঠ
জনসংখ্যাৰ ৯৫ শতাংশ। বাকী ৫ শতাংশ অন্যান্য ধৰ্মাৱলম্বী। ভাৰতবৰ্ষৰ অধিকাংশ
মুছলমান ধর্মান্তৰিত। অর্থাৎ এওঁলোকৰ অধিকাংশই এটা সময়ত হিন্দু আছিল। কিন্তু এই
দুই সম্প্ৰদায়ৰ মাজত সাপ-নেউলৰ সম্বন্ধ। এটা সম্প্রদায়ে আনটো
সম্প্রদায়ক সহ্য কৰিব নোৱাৰে। হিন্দু এলেকাত মুছলিম আৰু মুছলিম এলেকাত হিন্দুৰ
বসতি পৰ্বতত কাছৰ কণী বিচৰাৰ লেখীয়া কথা হ’ব। ইয়াৰ কাৰণনো কি। ইয়াৰ মূল কাৰণ হিচাপে অসম
অর্থনীতি আৰু কিছু ধৰ্মীয় গোড়ামীকে চিহ্নিত কৰিব পাৰি।
শিক্ষাৰ ক্ষেত্ৰত পিছপৰাৰ
ফলত মুছলমানসকল অর্থনৈতিক ভাবে পিছপৰি আছে। আন কথাত ক'বলৈ গ'লে অর্থনৈতিকভাবে
পিছপৰাৰ কাৰণে শৈক্ষিকভাবে পিছপৰি আছে। আমাৰ দেশৰ ৰাজনৈতিক নেতাসকলৰ মনোভাবো মুছলমানসকলৰ এই
পশ্চাদপদতাৰ কাৰণে কম-বেছি পৰিমাণে দায়ী। কাৰণ ৰাজনৈতিক নেতাসকলে মুছলমানৰ উন্নয়নৰ কথা
চিন্তা কৰাতকৈ তেওঁলোক যে সংখ্যালঘু এই কথা অহৰহ সোঁৱৰাই দি ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ
ওপৰত অধিক গুৰুত্বাৰোপ কৰে। মুছলিম ধর্মীয় নেতাসকলো এই পশ্চাদপদতাৰ কাৰণে কম-বেছি
পৰিমাণে দায়ী। কাৰণ মুছলিম ধৰ্মগুৰুসকলে ধৰ্মীয় আদেশ নিৰ্দ্দেশ পালনৰ
ক্ষেত্ৰত মুছলমানক যিমান উৎসাহিত কৰে, সমাজ সংস্কাৰৰ কাৰণে সিমান উৎসাহিত নকৰে।
আনহাতে মুছলিম
ধৰ্মগুৰুসকলৰ ধাৰ্মিক মনোভাবলৈ লক্ষ্য কৰি মুছলমান বুদ্ধিজীৱীসকলেও মুছলমানৰ
উন্নয়নৰ কাৰণে আগভাগ ল’বলৈ সাহস নকৰে।
মুছলিম সমাজত বাল্যবিবাহৰ হাৰ অধিক। এই বাল্যবিবাহো
মুছলমানসকলৰ পশ্চাদপদতাৰ অন্যতম কাৰণ। বাল্যবিবাহৰ ফলত মুছলিম স্ত্রীশিক্ষাৰ হাৰ
অতি নিম্নগামী হৈ
আছে। এই ক্ষেত্ৰত মুছলিম ধৰ্মগুৰুসকলে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়।
ভাৰতবৰ্ষৰ সামগ্রিক বিকাশ
কৰিবলৈ হ'লে মুছলিম সমাজক
এই পশ্চাত্পদতাৰপৰা উদ্ধাৰ কৰিব লাগিব। উদাৰপন্থী মুছলিম নেতা তৈয়াৰ কৰিব লাগিব।
মধ্যযুগীয় চিন্তাধাৰাৰপৰা মুছলমানসকলক উদ্ধাৰ কৰাৰ কাৰণে আমাৰ দেশৰ ৰাজনৈতিক
নেতাৰ লগতে বুদ্ধিজীৱীসকলো আগবাঢ়ি আহিব লাগিব। মুছলমান সমাজত আন্তৰিকতাৰে শিক্ষা
বিস্তাৰৰ কাৰণে পদক্ষেপ ল’ব লাগিব। তেহে
দেশৰ সামগ্রিক উন্নয়ন সম্ভব হ’ব। সম্প্রতি দেশত সাম্প্ৰদায়িক মেৰু বিভাজনৰ যি ৰাজনীতি আৰম্ভ
হৈছে এই প্ৰৱণতা অব্যাহত থাকিলে দেশৰ সামগ্রিক উন্নয়ন কেতিয়াও সম্ভৱ নহ'ব। ধৰ্মীয় মেৰু বিভাজন আমাৰ
ভৱিষ্যতৰ কাৰণে অশনি সংকেত স্বৰূপ, আমাৰ দেশৰ জনসাধাৰণে এই কথা উপলব্ধি কৰি
সাম্প্রদায়িক মনোভাবাপন্ন ৰাজনৈতিক নেতাসকলক সম্পূর্ণভাবে প্রত্যাখান কৰিলেহে এখন
সমৃদ্ধিশালী দেশ গঢ়া সম্ভৱ হ'ব।
(জনসাধাৰণ-২৩-০৩-১৭)
কৃষ্ণসাৰ হৰিণা
হত্যাৰ গোচৰত অভিযোগমুক্ত হ’লেও দুৰ্যোগৰ মেঘ
ঘণীভূত হৈ আছে
চলমান খানৰ ভাগ্যাকাশত।
কৃষ্ণসাৰ হৰিণ হত্যাৰ
গোচৰত যোধপুৰ হাইকোর্টে অভিযোমুক্ত কৰিলেও সম্পূৰ্ণৰূপে শংকামুক্ত হ’বপৰা নাই চলমান
খান। কাৰণ হাইকোর্টৰ ৰায়ৰ দুদিন পাছতে উক্ত গোচৰৰ অন্যতম সাক্ষী
চলমান খানৰ গাড়ীৰ চালক হৰিশ দুলানিয়ে সংবাদ মাধ্যমৰ আগত জনাইছে যে, যথাযথ নিৰাপত্তা পালে সি চলমানৰ
বিৰুদ্ধে সাক্ষী দিবলৈ প্ৰস্তুত আছে। ১৯৯৮ চনত ‘হাম হাম সাথ সাথ হ্যায়’ ছবিৰ শ্বুটিং চলি
থকাৰ সময়ত চলমানৰ বিৰুদ্ধে কৃষ্ণসাৰ হৰিণ হত্যাৰ অভিযোগ উঠিছিল। সেই গোচৰত নিম্ন
আদালতে তেওঁক দোষী সাৱ্যস্ত কৰি পাঁচ বছৰৰ কাৰাদণ্ড বিহিছিল। চলমানৰ অধিবক্তাই এই ৰায়ৰ বিৰুদ্ধে
হাইকোর্টত ক্ৰিমিনেল ৰিভিজন পিটিশ্বন দাখিল কৰিছিল আৰু ইতিমধ্যে এসপ্তাহ মান আগত
তাৰে ৰায়দান হৈ গৈছে। এই ৰায়দানৰ পাছতে হৰীশ দুলানিয়ে সংবাদ মাধ্যমৰ আগত মুখ
খুলি চলমান খানক পুনৰ অস্বস্তিত পেলাইছে।
২০০২ চনৰপৰা হৰিশ দুলানি
অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ আছিল। হৰিণ হত্যাৰ গোচৰত খালাচ পোৱাৰ পাছত হৰিশ
দুলানিয়ে সংবাদ মাধ্যমক জনাইছে যে, মই ওঠৰ বছৰ আগত যি কৈছিলো, এতিয়াও সেয়াই
কৈছো, চলমন খান
গাড়ীৰপৰা নামি গুলী কৰি হৰিণটোক হত্যা কৰিছিল। কিন্তু এতিয়া প্রশ্ন
হৈছে, সি আদালতৰ এই
ৰায়ৰ আগত কথাটো আদালতক জনোৱা নাছিল কিয়? এই প্রশ্নৰ উত্তৰত হৰিশে কৈছে যে, মোৰ দেউতাক ভয় দেখুৱা হৈছিল আৰু
ভয়ত মই চহৰৰপৰা আঁতৰি আছিলো। পুলিচে মোক নিৰাপত্তা দিলে, মই মেজিষ্ট্ৰেটৰ
আগত প্ৰদান কৰা সাক্ষ্যকেই পুনৰ প্ৰদান কৰিবলৈ প্ৰস্তুত আছো।
হৰিশ দুলানিৰ এই
সাক্ষাৎকাৰৰ ২৪ ঘণ্টা পাছতে ৰাজস্থান চৰকাৰ এই হত্যাৰ গোচৰ চুপ্রিম কোৰ্টলৈ নিয়াৰ
সিদ্ধান্ত লৈছে বুলি ৰাজস্থানৰ আইন মন্ত্ৰী ৰাজেন্দ্ৰ ৰাঠোৰে জনাইছে। লগতে হৰিশ
দুলানিয়ে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিলে তাক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা
ঘোষণা কৰিছে ডিজিপি মনোজ ভট্টই।
হৰিশ দুলানিৰ সাক্ষ্য
অনুসৰি ১৯৯৮ চনৰ ৭ অক্টোবৰত সতীশ শ্বাহ, মহেন্দ্ৰ ভাটী, কুলদ্বীপ চৌধুৰী আৰু ৰাজু বনাৰ সৈতে ছলমন খান
যোধপুৰৰ উম্মেদ ভৱন পেলেচৰপৰা ৰাতি দহ বজাত ৰাজস্থান অভিমুখে ৰাওণা হৈছিল। চলমন খান
নিজে জিপচী জীপ চলাই গৈ আছিল আৰু সতীশ শ্বাহ চলমানৰ কাষৰ আসনত
বহি আছিল। তেওঁলোকে এঘণ্টা সময় ভৱদ ৰোডৰ কেঁচা ৰাস্তাৰে যাব লগা হৈছিল। তেতিয়াই
চার্জ লাইটৰ পোহৰত চলমান খানে এটি হৰিণা দেখা পায় আৰু দেখাৰ লগে লগে
চিটৰ ওপৰত থিয় হৈ হৰিণাটোলৈ লক্ষ্য কৰি গুলী চলায়। প্ৰথমটো গুলী ব্যৰ্থ হোৱাৰ
পাছত দ্বিতীয়টো গুলী
হৰিণাটোৰ গাত লাগে আৰু হৰিণাটো ঢলি পৰে। হৰিণাটো তুলি আনি চলমান খান নিজে হৰিণাটোৰ
গলত ছুৰী চলাইছিল।
কেনেকৈ খালাচ পালে ছলমান
খানে? (১) বন বিভাগৰ
বিষয়া ললিত বোড়াই, ঔষধৰ বেপাৰী অৰুণ
আৰু ড্ৰাইভাৰ হৰিশ দুলানিৰ সাক্ষ্যৰ ভিত্তিত কেচ ৰুজু কৰিছিল। বন বিভাগে
মেজিষ্ট্ৰেটৰ সন্মুখত সাক্ষ্য গ্ৰহণ কৰি হৰীশ দুলানিক এৰি দিছিল। কিন্তু ডিফেন্সৰ
সময়ত সাক্ষীৰ ক্ৰচ ভেৰিফিকেশ্বনৰ আগতে হৰীশে আত্মগোপন কৰিছিল। আনহাতে হৰীশে বাৰে
বাৰে সাক্ষ্য সলনি কৰাৰ লগতে বাকীবোৰ অভিযুক্তক চিনাক্ত কৰিবলৈ অস্বীকাৰ কৰিছিল। ফলত
চলমান খান একমাত্র অভিযুক্ত ৰৈ গৈছিল। সেয়ে নিম্ন আদালতে হৰিশ দুলানিক
অনিৰ্ভৰযোগ্য সাক্ষী ঘোষণা কৰি চলমানক পাঁচ বছৰৰ কাৰাদণ্ড বিহিছিল। এই গোচৰত ১২ জন
অভিযুক্ত আছিল। হৰীশৰ সাক্ষ্যৰ ভিত্তিত ১১ জন অভিযুক্তক আগতেই ৰেহাই দিয়া হৈছিল।
(২) প্রশ্ন আছিল, মুম্বাইৰ
বাসিন্দা এজনে কেনেকৈ গম পালে, তালৈ গ'লে হৰিণা পাব? যদি একে গোচৰৰ এঘাৰ্জন অভিযুক্তই খালাচ পালে
তেনেহ'লে চলমান খান কেনেকৈ
অভিযুক্ত হ’ব?
চলমান খানৰ অধিবক্তাই
কোর্টত যুক্তি দৰ্শাইছে যে,
জিপছীত পোৱা তেজৰ
লগত ঘটনাস্থলীৰপৰা নমুনা সংগ্ৰহ কৰা তেজৰ মিল নাই। চলমান আৰু ছঈফ আলি খানৰ
হাথিয়াৰৰপৰা গুলী কৰা হোৱা নাছিল। কাৰণ হৰিণাৰ শৰীৰৰপৰা উদ্ধাৰ হোৱা গুলীৰ লগত
উভয়ৰ ৰাইফলৰ গুলীৰ মিল নাছিল। (৩) এবছৰৰ শাস্তি কম হোৱা বুলি ভাবি
চৰকাৰে চলমান খানৰ শাস্তিৰ ম্যাদ বৃদ্ধি আৰু গোৱৰ্ধন সিঙক পুনৰ অভিযুক্ত কৰাৰ
কাৰণে আপীল কৰিছিল। প্রশ্ন উঠিছিল, গোৱৰ্ধনৰ দৰে অভিযোগমুক্ত বাকী আন ১০জন আচামীক
অভিযুক্ত কৰাৰ কাৰণে কিয় আপীল কৰা নহ’ল? (৫) বন বিভাগে
জিপচীখন জব্দ কৰিছিল আৰু
তাৰপৰা তেজৰ নমুনা সংগ্ৰহ কৰিছিল; কিন্তু হৰিণাৰ নোম উদ্ধাৰ হোৱা নাছিল। পাছত আৰক্ষীৰ তালাচীৰ
সময়ত জিপচীখনৰপৰা
কৃষ্ণ হৰিণাৰ নোম উদ্ধাৰ কৰা হৈছিল। ফলত চাৰ্জ ৰিপোৰ্ট দুই ধৰণৰ হোৱাত ‘বেনিফিট অফ ডাউট’ৰ ভিত্তিত ছলমানক
খালাচ দিয়া হৈছে। (৬) আৰক্ষীয়ে উম্মেদ ভৱনত তালাচীৰ সময়ত চলমানৰ কোঠালিৰপৰা বন্দুকৰ
গুলী উদ্ধাৰ কৰিছিল। সেই গুলীৰ লগত কৃষ্ণ হৰিণাৰ গাৰপৰা উলিওৱা গুলীৰ মিল
নাছিল। তালাচীৰ সময়ত আৰক্ষীয়ে চলমানৰ কোঠালিৰপৰা ছুৰীও জব্দ কৰিছিল। সেইখন
ছুৰীৰে হৰিণাৰ গল কটা সম্ভৱ নাছিল। আনহাতে টায়াৰৰ ছাপ বেলেগ গাড়ীৰো হ’ব পাৰে বুলি
সন্দেহ কৰা হৈছিল। কাৰণ তেতিয়া মিলিটাৰি এক্টিভিটি চলি আছিল। এইবোৰ যুক্তিৰ লগত একমত হৈ ন্যায়াধীশ
নিৰ্মলজিৎ কৌৰে হৰিণাৰ শৰীৰৰপৰা উদ্ধাৰ হোৱা গুলী চলমানৰ ৰাইফলৰ পৰা ওলোৱা নাছিল
বুলি যুক্তি দৰ্শাই ‘বেনিফিট অফ ডাউট’ৰ ভিত্তিত চলমান
খানক অভিযোগমুক্ত কৰি খালাচ দিছে। ৰায়দানৰ সময়ত চলমান খানৰ ভনীয়েক আলবীৰাও
অধিবক্তাৰ লগত উপস্থিত আছিল।
উল্লেখ্য যে, তেতিয়া চলমান
খানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে এটা আছিল অবৈধ হাথিয়াৰ ৰখাৰ
গোচৰ। যোধপুৰৰ চি জে এম (গ্রামীণ) আদালতত
চলি থকা আমচ এক্কৰ গোচৰটো এতিয়াও ৰৈ আছে। সেইটো গোচৰত নিজক অভিযোগমুক্ত কৰাৰ
কাৰণে চলমান খানে পাঁচজন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ বাবে আদালতত আবেদন
জনাইছিল। সেই পাঁচজন সাক্ষীৰ সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈ গৈছে। চলমান খানৰ
জবানবন্দী গ্ৰহণৰ বাবে ১০ মাৰ্চৰ দিনটো ধার্য কৰি যোধপুৰ কোর্টে তেওঁক উক্ত দিনা কোৰ্টত হাজিৰ হ’বলৈ নিৰ্দ্দেশ
দিছে। উক্ত দিনা চলমান খান কোর্টলৈ আহিলে তেওঁৰ বিৰুদ্ধে অনা অভিযোগৰ লগতে সাক্ষীসকলে
তেওঁৰ বিৰুদ্ধে প্ৰদান কৰা সাক্ষ্য পঢ়ি শুনোৱা হ’ব। ইয়াৰ পাছত চলমান খানক কোৰ্টৰ ফালৰপৰা প্ৰস্তুত কৰা
প্ৰশ্ন সোধা হ’ব। তাৰ পাছত ‘আগুমেণ্ট’ (যুক্তিতর্ক) হ’ব। ‘আগুমেণ্ট’ৰ পাছত ৪ এপ্ৰিলত
গোচৰটোৰ ৰায় প্ৰদানৰ সম্ভাৱনা আছে।
আনহাতে কৃষ্ণ হৰিণা গোচৰত
চলমানক অভিযোগমুক্ত কৰি খালাচ দিয়াৰ পাছতে সমগ্ৰ দেশত মিশ্রিত প্রতিক্রিয়া
সৃষ্টি হৈছে। টুইটাৰ আৰু ফেচবুকযোগে দৰ্শকসকলৰ বহুতে চলমান খানৰ
বিৰুদ্ধে আক্রমণাত্মক হৈ উঠিছে। প্রথম আক্রমণ চলাইছে চল্লু মিঞা পৰ্দাৰ ৰেণুকা
সাহানে। ‘হাম আপকে হ্যায় কৌন’ত চলমানৰ বৌৱেকৰ
ভুমিকাত অভিনয় কৰিছিল ৰেণুকা সাহানে। ৰেণুকাই ফেচবুকত লেখিছে যে, ১৯৯৮ চনত ছলমান
খান, ছৈঈফ আলি খান, অমৃতা সিং, টাব্বু আৰু
সোণালী বান্দ্ৰেই চিকাৰ কৰিবলৈ গৈছিল। চিকাৰ কৰি অনা হৰিণাৰ মঙহ তেওঁলোকে খাইছিলও।
কিন্তু তেতিয়া একমাত্র
চলমান খানৰ বিৰুদ্ধে হৰিণা হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল আৰু তেওঁক পাঁচদিন যোধপুৰ
জে’লত ৰখা হৈছিল।
কিন্তু বাকীবোৰৰ কি হ’ল? ওঠৰ বছৰ পাছত
চলমান খান সেই হৰিণা হত্যাৰ গোচৰৰপৰা মুক্তি পালে। হৰিণা হত্যাৰ গোচৰৰপৰা কে’বাটাও প্রশ্ন
উদয় হয়- (১) হৰিণাটো প্ৰকৃততে কোনে হত্যা কৰিছিল? (২) নে তেওঁলোকৰ কোনো এজনেও হত্যা কৰা নাছিল? আজি তেওঁ সেই
হত্যাৰ গোচৰৰপৰা নিৰ্দ্দোষী প্ৰমাণিত হ’ল। কিন্তু ইমান দিনযে তেওঁ মানসিক যন্ত্ৰণাৰ
মাজত কটালে ইয়াৰ মূল্য কোনে দিব? দেশৰ মানুহে প্ৰকৃত সত্যটো জানিব নিবিচাৰে নেকি? পৰিচালক নীজ
পাণ্ডেই টুইট কৰি জনাইছে- ছলমানৰ ‘এক্টিং স্কীল’ চাই হৰিণাটোৱে ‘ছুইচাইড’ কৰিছিল। এনেকুৱা বহু মন্তব্য কৰা হৈছে ফেচবুক
আৰু টুইটাৰত। ছলমান
খানে এইবোৰ মন্তব্যৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
আনহাতে ভূতৰ ওপৰত দানহ
পৰাদি ফুটপাথবাসীক গাড়ীচেপা দি হত্যা কৰাৰ গোচৰত অভিযুক্ত চলমানে হাইকোর্টৰপৰা
খালাচ পাইছে। সম্প্ৰতি মহাৰাষ্ট্ৰ চৰকাৰে উক্ত গোচৰ শীৰ্ষ আদালতলৈ লৈ যোৱাৰ কথা ভাবি আছে।
ইফালে ৰাজস্থান চৰকাৰেও যদি হৰিণা হত্যাৰ গোচৰ লৈ উচ্চতম আদাতলৈ যায়, ছলমান খান পুনৰ
অস্বস্তিত পৰাটো নিশ্চিত। এতিয়া সময়েহে নিৰ্দ্ধাৰণ কৰিব ছলমান খানৰ ভাগ্য। ইয়াৰ
বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব।
(জনসাধাৰণ-
২৮-০৭-১৬)
প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কৰ্ম
গোৱালপৰীয়া লোকগীতৰ
অবিসম্বাদী সম্রাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম ১৯৩৫ চনৰ ৩ অক্তোবৰত কলিকতাৰ
বালিগঞ্জৰ চাৰ্কোলাৰ ৰোডত। তেওঁৰ পিতৃ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ প্ৰকৃতীশ
বৰুৱা আৰু মাতৃ মালতীলতা বৰুৱা। মালতীলতা স্কটলেণ্ডৰ জে, আৰ মেলহুইক
চাহাবৰ কন্যা আছিল। সেই সূত্রে প্রতিমা বৰুৱা পাণ্ডেৰ তেজত ৰাজকীয় অভিজাত্যৰ লগতে মানৱীয়
গুণৰ অপূৰ্ব সমাৱেশ ঘটিছিল। তেওঁলোক চাৰিৰ্জন ভায়েক- ভনীয়েক আছিল। ভায়েক দুজনৰ নাম
আছিল-প্ৰদ্যুৎ আৰু প্ৰবীৰ আৰু ভনীয়েকৰ নাম আছিল- পাৰ্বতী। ল’ৰালিত প্রতিমা
পাণ্ডেক মাক-দেউতাকে মৰমতে ‘বুচু’ বুলি মাতিছিল।
কলিকতাৰ গোখলে মেমোৰিয়াল
স্কুলত প্রতিমা পাণ্ডেই প্রাথমিক শিক্ষাৰ পাতনি মেলে আৰু ১৯৪৬ চনত তেওঁ
ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীর্ণ হয়। ছাত্ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত
গৌৰীপুৰলৈ আহি তেওঁ গৌৰীপুৰ হাইস্কুলত নাম ভৰ্ত্তি কৰে আৰু ১৯৫৩ চনত উক্ত
হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয়। মেট্ৰিক পৰীক্ষাত
উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ কলিকতাৰ চাউথ কলিকতা গার্লচ কলেজত নাম ভৰ্ত্তি কৰে; কিন্তু শিক্ষা
জীৱন অসমাপ্ত কৰি
অসমলৈ উভতি আহে। অসমলৈ উভতি আহি তেওঁ সাংস্কৃতিক জগতৰ লগত জড়িত হৈ পৰে।
গৌৰীপুৰীয়া ৰাজ পৰিয়ালত
শিল্প-সংস্কৃতি চৰ্চাৰ এক অনকূল পৰিবেশ আছিল। সেয়ে তেওঁ কলিকতাত পঢ়ি থকা সময়তে
ৰবীন্দ্ৰ সংগীতৰ শিক্ষা লাভ কৰিছিল যদিও প্ৰকৃতাৰ্থত ক’বলৈ গ'লে তেওঁ পিতৃৰ
হাতীমহলতে সংগীত শিক্ষাৰ পাতনি মেলিছিল বুলি ক'ব পাৰি। তেওঁৰ সংগীতৰ শিক্ষয়িত্ৰী আছিল পেহীয়েক
নীহাৰবালা বৰুৱা৷ দেউতাক প্ৰকৃতীশ বৰুৱা হাতী ধৰিবলৈ জংঘলে জংঘলে ঘূৰি ফুৰিছিল আৰু
প্ৰতিমা পাণ্ডেকো কেতিয়াবা লগত লৈ গৈছিল ৷ তেতিয়াই তেওঁ মাহুত, ফান্দী বিশেষকৈ
প্ৰধান মাহুত ভবেন ৰায়ৰ মুখত শুনি শুনি গোৱালপৰীয়া লোকগীত নিচেই সৰুতে কণ্ঠস্থ
কৰিছিল। মাথোন গোৱালপৰীয়া লোকগীতেই নহয়, চহা জীৱনৰ সুখ-দুখৰ লগত জড়িত লোকগীতবোৰো তেওঁ
কণ্ঠস্থ কৰিছিল আৰু এইদৰেই তেওঁৰ সংগীতৰ প্রতি বিশেষ আকর্ষণ সৃষ্টি হৈছিল। ১৯৫৩ চনত গোখলে
মেমোৰিয়াল কলেজত পঢ়ি থকা সময়ত নিউ আম্পায়াৰ থিয়েটাৰ হলত গোৱালপৰীয়া গীত পৰিবশেন কৰি তেওঁ
শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৫ চনত গৌৰীপুৰৰ ৰজাবাৰীত এক জলসা
অনুষ্ঠিত হৈছিল। উক্ত জলসাত স্বনামধন্য ভূপেনহাজৰিকা উপস্থিত আছিল। ভূপেন
হাজৰিকাই উক্ত জলসাত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেৰ অনন্য সংগীত প্ৰতিভাৰ
বিষয়ে অৱগত হয়।
গুণীয়ে গুণীৰ মোল বুজো তেওঁ প্ৰতিমা পাণ্ডেক গীত গোৱাৰ সুযোগ কৰি দিয়ে। ভূপেন
হাজৰিকাৰ প্ৰচেষ্টাতে প্রতিমা পাণ্ডেই হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আৰু
ভূপেন হাজৰিকাৰ লগত গুৱাহাটীৰ চাৰ্চফিল্ড আৰু চিলঙৰ হাইড্ৰিক পাৰ্কত সংগীত পৰিৱেশন
কৰি ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হয়। ১৯৫৯ চনত ভূপেন হাজৰিকাই গৌৰীপুৰৰ
প্ৰখ্যাত অভিনেতা, পৰিচালক প্রমথেশ
বৰুৱাৰ পুত্ৰ অলকেশ বৰুৱাৰ লগত লগ লাগি ‘মাহুত বন্ধুৰে’ বোলছবিখন নিৰ্মাণ কৰে। উক্ত বছৰতে ছবিখনে
মুক্তি লাভ কৰে। ছবিখনত গোৱালপৰীয়া লোকগীতৰ অপূৰ্ব সমাৱেশ ঘটিছিল আৰু গীতসমূহত প্ৰতিমা বৰুৱা
পাণ্ডেই কণ্ঠদান কৰিছিল। ছবিখন সম্পর্কে ভূপেন হাজৰিকাই কৈছিল- ‘প্রতিমা পাণ্ডেৰ
কণ্ঠক যুগমীয়া কৰাৰ কাৰণে মই ছবিখন নিৰ্মাণ কৰিছিলো।'
গোৱালপৰীয়া লোকগীত
সাধাৰণ মানুহৰ মাজত জনপ্রিয় আছিল যদিও বহিঃবিশ্বৰ লগত ইয়াৰ পৰিচয় নাছিল।
প্রতিমা পাণ্ডেই গণনাট্য সংঘ, অনাতাঁৰ, গ্রাম’ফোন কোম্পানী আৰু
বোলছবিৰ যোগেদি গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি গৈছে। তেওঁৰ
অপূৰ্ব কণ্ঠ মাধুৰ্যৰ ফলতে লুপ্ত হ’বলৈ ধৰা গোৱালপৰীয়া লোকগীত সীমাৰ পৰিধি ভাঙি
বিশ্বৰ দৰবাৰত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ অনাতাঁৰ
কেন্দ্ৰতো তেওঁ গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰিছিল। প্রথমাৱস্থাত অৱশ্যে তেওঁ
গোৱালপৰীয়া লোকগীত পৰিৱেশনৰ ক্ষেত্ৰত অসমীয়া সমাজৰপৰা দুৰ্ঘোৰ বাধাৰ সন্মুখীন
হৈছিল। ফলত দিল্লীৰ পৰা কৈফিয়ৎ তলব কৰা হৈছিল-‘এনে গীতৰ প্ৰচাৰ কিয় বন্ধ কৰা নহ’ব?’ তেতিয়া গুৱাহাটী অনাতাঁৰ
কেন্দ্ৰৰ দায়িত্বত থকা পুৰোষত্তম দাস আৰু ভূপেন হাজৰিকা প্ৰমুখ্যে ব্যক্তিসকলে
গোৱালপৰীয়া লোকগীত বাংলাগীত নহয় বুলি যুক্তি প্ৰদৰ্শন কৰি গীতসমূহ পৰিৱেশনৰ যুক্তি-যুক্ততা
দাঙি ধৰাৰ পাছতহে গোৱালপৰীয়া লোকগীত পৰিৱেশনৰ বাবে অনুমতি লাভ কৰিছিল।
প্ৰতিমা বৰুৱা পাণ্ডে
নিজে গীত ৰচনা নকৰিছিল। ৰাজপৰিয়ালৰ আভিজাত্য এৰি সৰ্বসাধাৰণৰ মাজলৈ গৈ তেওঁ মাউতৰ
গীত, হালোৱাৰ গীত, ম’হচৰীয়া গীত, নাৱৰীয়া গীত, ৰোৱনী-দাৱনীৰ গীত
সংগ্ৰহ কৰি আনিছিল আৰু সেইবোৰ অনাতাঁৰ কেন্দ্ৰ, বোলছবি আৰু কেচেট যোগে প্ৰচাৰ কৰাৰ লগতে বিভিন্ন
মঞ্চত পৰিৱেশন কৰি বিশ্ব দৰবাৰলৈ তুলি আনিছিল। তেওঁৰ গীতৰ এটা উল্লখেযোগ্য বৈশিষ্ট
এয়ে আছিল যে, তেওঁ লোকগীতত লোকবাদ্যহে
ব্যৱহাৰ কৰিছিল। পশ্চিমীয়া আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰৰ তেওঁ ঘোৰ বিৰোধী আছিল।
সেয়ে তেওঁৰ গীতসমূহত এক স্বকীয়তা বিৰাজ
কৰিছিল। প্ৰতিমা বৰুৱা
পাণ্ডেই ১৯৭৫ চনত ভূপেন হাজৰিকাৰ লগত ‘হিজ মাষ্টাৰ্চ ভয়েচ’ত গোৱালপৰীয়া
লোকগীত বাণীবদ্ধ কৰি গীতসমূহক স্বকীয় মাত্ৰা প্ৰদান কৰি সৰ্বসাধাৰণৰ মাজলৈ
লৈ গৈছিল। সৰ্বসাধাৰণৰ বাবে কেছেটত বাণীবদ্ধ কৰা গীতৰ উপৰিও এৰাবাটৰ সুৰ, পলাশৰ ৰং, গজমুক্তা, মাহুত বন্ধু, হস্তীৰ কন্যা আদি
বোলছবিত কণ্ঠদান কৰিও তেওঁ জনপ্রিয়তা অর্জন কৰিছিল। হস্তীৰ কন্যা, সাদেৰ ভোমোৰা, মনেৰ আয়না আদি কেচেটসমূহত তেওঁৰ
দৰদী কণ্ঠৰপৰা নিগৰি ওলোৱা সুৰসমূহ বাণীবদ্ধ হৈ আছে। তেওঁৰ গীতসমূহ শ্ৰৱণ কৰি
শিশু-কিশোৰৰপৰা ডেকা, বুঢ়া আটায়ে অনাবিল আনন্দ লাভ
কৰে। তেওঁৰ কণ্ঠ মাধুৰ্য ইমানেই বৈশিষ্টপূৰ্ণ আছিল যে, গীতসমূহ শুনাৰ
লগে লগে শ্ৰোতাই প্রতিমা পাণ্ডেৰ কণ্ঠ বুলি চিনিব পাৰে। তেওঁৰ
জীৱনৰ শেষ কেচেটটো আছিল গৌৰীপুৰীয়া মাহুত। কেচেটটোত তেওঁ কনিষ্ঠ জীয়াৰী অলকাৰ
লগত কণ্ঠদান কৰি গৈছে।
ৰাজপৰিয়ালৰ জীয়ৰী হৈয়ো
প্ৰতিমা পাণ্ডে অতি সাধাৰণ জীৱনত অভ্যস্ত আছিল আৰু সৰ্বসাধাৰণ মানুহৰ লগত তেওঁ
অবাধে মিলা-মিচা কৰিছিল।
সাধাৰণ জনতাৰপৰা আৰম্ভ
কৰি তেওঁ মাহুত আৰু ফান্দীৰ লগত গাঁৱে-ভূৱে, হাবিয়ে-জংঘলে ঘূৰি ফুৰি অনাবিল আনন্দ লাভ
কৰিছিল। সৰ্বসাধাৰণৰ প্ৰতি তওঁৰ অসীম শ্ৰদ্ধা আৰু প্ৰেম-প্ৰীতি
আছিল। প্রতিমা পাণ্ডে মাথোন গোৱালপৰীয়া লোকগীতৰ সুগায়িকাই নাছিল, গোৱালপৰীয়া
লোকগীতৰ সাধক ও গৱেষকো আছিল । কাৰণ কৃষক-হালুৱাৰ মাজলৈ গৈ তেওঁ গোৱালপৰীয়া গীতৰ
মাত-কথা, সুৰ, লয় আদি বিচাৰি
আনিছিল। নানা ঘাত- প্রতিঘাতৰ মাজেৰে তেওঁ গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰাৰ
কাৰণে যত্ন কৰিছিল। তেওঁ তেওঁৰ সেই প্ৰচেষ্টাত এশ শতাংশই সফলো হৈছে। তেওঁ
তেওঁৰ যুগজয়ী কণ্ঠৰ অপূৰ্ব মাধুৰ্যৰে গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত
প্ৰতিষ্ঠিত কৰি গৈছে। প্রতিমা পাণ্ডেই তেওঁৰ সাংসাৰিক জীৱনতো
নিহংকাৰী আছিল। ১৯৬৯ চনত গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা কলেজৰ অধ্যাপক গংগাধৰ পাণ্ডেৰ লগত তেওঁ বিবাহ
পাশত আৱদ্ধ হয়। ৰাজপৰিয়ালৰ জীয়ৰী হৈয়ো তেওঁ ৰন্ধা-বঢ়াকে আদি কৰি যাৱতীয়
সাংসাৰিক কাম-কাজ নিয়াৰিকৈ কৰি গৈছিল। এই ক্ষেত্ৰত গংগাধৰ পাণ্ডেও তেওঁক সহযোগিতা
কৰিছিল। গংগাধৰ পাণ্ডেৰ সহযোতে তেওঁ সংগীত চৰ্চাত আত্মনিয়োগ কৰিছিল। যুগ্মজীৱনৰ
সাক্ষী হিচাপে তেওঁ
দুগৰাকী কন্যাৰ মাতৃ হয়। কন্যা দুগৰাকীৰ নাম ৰাখিছিল অলকা আৰু অমৃতা।
সংগীত জগতত প্রতিমা
পাণ্ডেক নজনা লোক নাই বুলিব পাৰি। গোৱালপৰীয়া লোকগীতৰ বিষয়ে চৰ্চা হ’লেই পোনপ্ৰথমে
প্রতিমা পাণ্ডেৰ নাম মানসপটত উদ্ভাসিত হৈ উঠে। অসমৰ এনে কোনো ঠাই
নাই য’ত প্রতিমা
পাণ্ডেৰ পদচিহ্ন পৰা নাই- এনে কোনো পৰিৱেশ নাই য'ত তেওঁৰ গীতে ৰজন্জনাই যোৱা
নাই। তেওঁৰ কণ্ঠস্বৰ ইমানেই একক আৰু সুললিত আছিল যে, তেওঁৰ সুৰৰ যাদুৰ পৰশত সাধাৰণ গীতসমূহো অনন্য
হৈ উঠিছিল। অনন্য প্রতিভাৰ স্বাক্ষৰ হিচাপে তেওঁ জীৱন কালতে বিভিন্ন অনুষ্ঠানৰপৰা
সম্বৰ্ধিত হোৱাৰ লগতে বহু বঁটাৰে সন্মনিত হৈছে। ১৯৭৭ চনত অভয়াপুৰীত
অনুষ্ঠিত অসম সাহিত্য
সভাই তেওঁক শিল্পী সম্বর্ধনা খিতাপ প্ৰদান কৰিছে। ১৯৮৯ চনত তেওঁ সংগীত একাডেমী
বঁটা লাভ কৰে। ১৯৯১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে।
২০০০ চনত নৰ্থবেংগল ইউনিভাৰ্ছিটিয়ে তেওঁক ডি, লিট উপাধি প্ৰদান কৰিছে। ইয়াৰ উপৰিও তেওঁ শিল্পী দিৱস বঁটা, জয়মতী বঁটা, বিষ্ণুৰাভা বঁটা, অসম নাট্য সমিতি
বঁটা, পশ্চিম বংগৰপৰা
আব্বাছ উদ্দিন বঁটা তথা ৰবীন্দ্ৰ ভাৰতী প্ৰশস্তি পত্ৰ লাভ কৰিছে।
প্রতিমা পাণ্ডে বৰুৱা
এগৰাকী সংবেদনশীল নাৰী আছিল। শেষ জীৱনত স্বামী, জীয়েক আৰু জোঁৱায়েক দুজনককেন্দ্ৰ কৰি তেওঁ
নানা সমস্যাত ভুগিব লগীয়া হৈছিল। ইফালে ৰাজ দুহিতা হৈ সাংসাৰিক আভিজাত্য অক্ষুণ্ণ ৰাখিবলৈ
যাওঁতেও তেওঁ অৰ্থনৈতিক অনাটনৰ সন্মুখীন হ’ব লগা হৈছিল। ফলত আর্থিক
দৈন্যতাৰপৰা মুক্তি পাবলৈ তেওঁ গীত গোৱাটোক ব্যৱসায় হিচাপে ল’বলৈ বাধ্য হৈছিল।
সেয়ে নানা সমস্যা তথা সাংসাৰিক চিন্তা- ভৱনাৰপৰা আঁতৰি থাকিবলৈ তেওঁ মদ্যপান কৰিবলৈ
লৈছিল আৰু জীৱনৰ বিয়লি বেলাত তেওঁ মদকে জীৱনৰ সাৰথি হিচাপে গ্ৰহণ কৰিছিল। ফলত অকালতে তেওঁৰ
স্বাস্থ্য ভাঙি পৰে আৰু অৱশেষত তেওঁ চিকিৎসাধীন হ’ব লগা হয়। প্রথমাৱস্থাত তেওঁক ধুবুৰীত চিকিৎসা
প্রদান কৰা হয় আৰু স্বাস্থ্যৰ অধিক অৱনতি হোৱাত অৱশেষত উন্নত চিকিৎসাৰ বাবে
তেওঁক গুৱাহাটীলৈ নিয়া হয়। গুৱাহাটীলৈ নিয়াৰ পাছত তেওঁক চাবলৈ গুণমুদ্ধ অসংখ্য শ্ৰোতাৰ সোঁত ব’বলৈ ধৰে।
স্বনামধন্য ভূপেন হাজৰিকায়ো তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল। লাহে লাহে তেওঁৰ
স্বাস্থ্য অধিক বেয়াৰ ফালে ঢাল খায় আৰু তেওঁৰ গুণমুদ্ধসকল হতাশ হৈ পৰে। শেষত
তেওঁক ‘আই, চি, ইউ’ত ভৰ্ত্তি কৰা
হয়। জীৱনৰ অন্তিম পৰ্যায়ত তেওঁ শ্বাস-প্রশ্বাসৰ কৃত্ৰিম নলী মুখতলৈ জীৱন
যুঁজত অৱতীৰ্ণ হ’ব লগা হয়। তেওঁৰ
স্বাস্থ্যৰ অৱনতিৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো মানুহ
উদ্বিগ্ন হৈ পৰে। অৱশেষত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল। ২০০২ চনৰ ২৭
ডিচেম্বৰত তেওঁ অসমবাসীক কন্দুৱাই ইহ ধৰাধামৰপৰা চিৰ বিদায় লয়। শেষ নিশ্বাস
ত্যাগ কৰাৰ পাছত সিদিনাই ৰাতিয়ে তেওঁক গৌৰীপুৰলৈ নিয়া হয় আৰু পাছদিনা বিপুল
সংখ্যক জনতাৰ উপস্থিতিত গংগাধৰ নৈৰ পাৰত তেওঁৰ শৱদেহ অন্তিম সৎকাৰ কৰা হয়।
প্ৰতিমা পাণ্ডে বৰুৱা
বৰ্তমান আমাৰ মাজত নাই যদিও তেওঁৰ কালজয়ী গীতসমূহে আজিও শ্রোতাৰ মন আলোড়িত কৰে। তেওঁৰ নশ্বৰ দেহ
এই নশ্বৰধামৰপৰা
অনিত্যধামলৈ গুচি গ'লেও তেওঁৰ
গীতসমূহৰ জৰিয়তে চিৰদিন তেওঁ সংগীতপ্ৰেমীৰ মাজত জীয়াই থাকিব আৰু নৱপ্ৰজন্মই
তেওঁৰ গীতৰপৰা প্ৰেৰণা
ও উদ্দীপনা লাভ কৰি থাকিব।
(প্রকাশ-
জনসাধাৰণ- ৩-১০-১৬)
পণ্য আৰু সেৱা কৰ
বিধেয়ক
দীর্ঘ প্রতীক্ষাৰ অন্তত
পণ্য আৰু সেৱা কৰ চমুকৈ জিএচটি বিধেয়ক চালু হোৱাৰ বাট প্ৰশস্ত হৈ উঠিছে। জিএচটি
বিধেয়ক নিম্ন সদনত বিগত বৰ্ষৰ মে’ মাহত পাছ হৈছে যদিও উচ্চ সদনত বিজেপিৰ সদস্য
সংখ্যা কম হোৱাৰ কাৰণে এতিয়ালৈকে বিলটো পাছ কৰাব পৰা নাই। ২৪৫ খন আসনৰ নিম্ন সদনত সম্প্ৰতি
বিজেপিৰ সদস্য সংখ্যা হ’ল ৬৭ জন।
কংগ্ৰেছ- ৬০ আৰু অন্যান্য ১১৭ জন। এখন আসন খালী পৰি আছে। ইফালে ১৬২ জন সদস্যৰ সমর্থন অবিহনে
বিধেয়কখন পাছ কৰা সম্ভৱ নহ'ব। সম্প্রতি কংগ্ৰেছ আৰু এআইডিএমকেৰ বাহিৰে ৰাজ্যসভাৰ ৩২ টা
দলৰ ভিতৰত ৩০ টা দলেই এই সংশোধনী বিধেয়কৰ প্ৰতি সমর্থন ব্যক্ত কৰিছে।
বিলখনৰ প্ৰতি কংগ্ৰেছৰ আপত্তি নাই যদিও তেওঁলোকে তিনিটা দাবী উত্থাপন কৰিছিল।
সম্প্ৰতি ইয়াৰে এটা দাবী মানি ল’ব বুলি
কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। ফলত কংগ্ৰেছেও বিধেয়কখনত সন্মতি জনোৱাৰ
বাবে সেউজ সংকেত দিছে। স্মৰণযোগ্য যে, কংগ্ৰেছৰ সমৰ্থন পালে আন দলৰ সমৰ্থন অবিহনেই
বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’ব। সম্প্রতি বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছে প্ৰতিগৰাকী
সদস্যক সদনত উপস্থিত থকাৰ বাবে হুইপ জাৰী কৰিছে। বিজেপি দলৰ সদস্যসকলক দলে তিনিদিন
সদনত উপস্থিত থাকিবলৈ নিৰ্দ্দেশ দিছে।
জিএচটি বিধেয়কখন
পোনপ্রথমে তদানীন্তন প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে চৰ্চালৈ আনিছিল। ইয়াৰ
পাছত ইউপিএ চৰকাৰৰ আমোলত ২০০৭ চনত তেতিয়াৰ বিত্তমন্ত্রী পি, চিদাম্বৰমে
জিএচটি বিধেয়কখন প্রথমবাৰৰ বাবে সদনত আলোচনা কৰিছিল আৰু ২০১০ চনৰ ১ এপ্ৰিলৰপৰা জিএচটি আইন
প্ৰৱৰ্ত্তন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল। কিন্তু বেলেগ দলৰ লগত সহমতত উপনীত হ’ব নোৱাৰাত এই
বিধেয়কখন তেতিয়া গৃহীত কৰিবপৰা নাছিল। ২০১১ চনত পুনৰ বৰ্তমানৰ
ৰাষ্ট্ৰপতি আৰু তেতিয়াৰ বিত্তমন্ত্রী প্ৰণৱ মুখার্জীয়ে এই সংক্রান্তত প্রথম
সংশোধনী বিল সদনত উত্থাপন কৰিছিল; কিন্তু তেতিয়া বিজেপি শাসিত গুজৰাট আৰু
মধ্যপ্রদেশ আদি ৰাজ্যৰ লগতে জাতীয় স্তৰত কংগ্ৰেছক কৃতিত্ব প্ৰদান কৰিবলৈ অস্বীকাৰ
কৰি বিজেপিয়ে এই
বিলৰ বিৰোধিতা কৰিছিল। ফলত এই বিল বহুদিনলৈ আলোচনাৰ মাজতে সীমাৱদ্ধ হৈ আছিল। ২০১৪
চনত ক্ষমতালৈ অহাৰ পাছত আগৰ বিৰোধিতাৰ কথা ভাবিয়ে হয়তো বিজেপি চৰকাৰ
জিএচটিলৈ মনস্থিৰ কৰিবপৰা নাছিল। অৱশেষত মনস্থিৰ কৰি বিগত বৰ্ষৰ মে’ মাহত বিজেপি চৰকাৰে এই বিল
নিম্ন সদনত পাছ কৰি ৰাজ্যসভাৰ প্ৰবৰ সমিতিলৈ প্ৰেৰণ কৰিছিল। ৰাজ্যসভাৰ প্ৰবৰ
সমিতিয়ে বিগত বৰ্ষৰ জুলাই মাহত ইয়াৰ ওপৰত প্রতিবেদন দাখিল কৰিছে।
কিন্তু ৰাজ্যসভাত বিজেপিৰ
সদস্য সংখ্যা পর্যাপ্ত নথকাৰ কাৰণে ইমান দিনে এই বিধেয়কখন ওলমি আছিল। ফলত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ
আৰু অন্যান্য দলবোৰে
কিছুমান চর্ত সাপেক্ষে এই বিধেয়কত সন্মতি জনোৱাৰ কথা ঘোষণা কৰিছিল। সম্প্রতি
বিত্ত মন্ত্রণালয়ে তাৰে ছটা দাবী মানিলৈ গুৰুত্বপূৰ্ণ ছটা পৰিৱৰ্ত্তন সাধন কৰিছে।
(ৰাজ্যসভাৰ আলোচনাত নটা পৰিৱৰ্ত্তনৰ কথা ঘোষণা কৰিছে।) কংগ্ৰেছে আৰোপ কৰা তিনিটা
চৰ্তৰ এটা চৰ্ত চৰকাৰে মানি লৈছে। অর্থাৎ শিল্পোন্নত ৰাজ্যসমূহৰ কাৰণে আৰোপ কৰা কৰ এক শতাংশ
হ্রাস কৰাৰ কাৰণে কংগ্ৰেছে যি দাবী উত্থাপন কৰিছিল সেয়া মানি লৈছে।
স্টাণ্ডাৰ্ড কৰ ১৭ শতাংশ কৰাৰ কাৰণে কংগ্ৰেছে যি দাবী উত্থাপন কৰিছিল সেয়া
কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে মানি লোৱা নাই। জিএচটি চালু হোৱাৰ ফলত
ৰাজ্যসমূহৰ ৰাজস্ব ক্ষতি হ’লে কেন্দ্ৰ
চৰকাৰে পাঁচ বছৰলৈ সেই ক্ষতি পৰিশোধ কৰিব লাগিব বুলি বিভিন্ন আঞ্চলিক দল তথা ৰাজ্যসমূহে যি
দাবী উত্থাপন কৰিছিল সেয়াও কেন্দ্ৰীয় চৰকাৰে মানি লৈছে। ফলত সংবিধানৰ ১২২ তম
সংশোধনী বিধেয়কখন পাছ হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে। বিত্ত মন্ত্ৰী অৰুণ
জেটলীয়ে বুধবাৰে উচ্চসদনত এই বিধেয়কখন উত্থাপন কৰিছে আৰু পূৰ্বতে নিৰ্দ্ধাৰণ কৰা
ধৰণে ইয়াৰ ওপৰত চৰ্চাৰ বাবে ৫ ঘণ্টা ৩০ মিনিট সময় ধার্য কৰা হৈছে।
বিত্তমন্ত্ৰী অৰুণ
জেটলীয়ে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰি কৈছে যে, এই বিধেয়কখনে কৰৰ ক্ষেত্ৰত বিৰাট সংস্কাৰ সাধন
কৰিব। পি, চিদাম্বৰমে কৈছে
যে, বিধেয়কখন গৃহীত
কৰাৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই; কিন্তু স্টাণ্ডাৰ্ড ৰেট ১৮ শতাংশৰ ওপৰত হ’ব নালাগিব। কাৰণ
বিশ্বৰ ক’তো ১৪.৫ শতাংশৰপৰা
১৬ শতাংশৰ ওপৰত স্টাণ্ডাৰ্ড ৰেট নাই। ২০১৪ চনত বিধেয়কখন উত্থাপন কৰাৰ সময়ত আমি
বিধেয়কখন পাৰফেক্ট হোৱাটো বিচাৰিছিলো। এক দেশ, এক কৰ, এক ‘থীম’ৰ ভেটিত স্থাপিত
বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত পুনৰ নিম্ন সদনত পাছ হ’ব লাগিব । ইয়াৰ
পাছত আধা অর্থাৎ ১৫ খন
ৰাজ্যৰ বিধান মণ্ডলীত অনুমোদন হ'ব লাগিব। তাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত
বিধেয়কখন চালু কৰাৰ বাট মুকলি হ’ব আৰু জিএচটি এমেণ্ডমেণ্ডৰ পৰামৰ্শ অনুসাৰে নতুন কৰ চালু
কৰাৰ কাৰণে জিএচটি কাউন্সিললৈ প্ৰেৰণ কৰা হ'ব।
জিএচটি চালু হোৱাৰ লগে
লগে কেন্দ্ৰ আৰু ৰাজ্যৰ ২০ প্ৰকাৰ পৰোক্ষ কৰ সমাপ্ত হৈ যাব। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত
বিবাদস্পদ স্থিতি উৎপন্ন হ’লে বিধি স্থাপনৰ ক্ষেত্ৰত জিএচটি পৰিষদে সেয়া
নিষ্পত্তি কৰিব। ২০১৪ চনৰ বিধেয়কখনত এই সন্দৰ্ভত কোনো স্পষ্ট ব্যৱস্থা নাছিল।
জিএচটি ১৮ শতাংশৰ অধিক হ’ব নালাগে বুলি
কংগ্ৰেছে প্ৰস্তাৱ আগবঢ়াইছে। এই বিষয়টো ৰাজ্য চৰকাৰ আৰু জিএচটি কাউন্সিলৰ লগত
আলোচনা কৰি স্থিৰ কৰা হ’ব। চৰকাৰে জিএচটি বিধেয়কখন পাছ কৰিবলৈ সমৰ্থ হ'লে সাধাৰণ
গ্ৰাহকৰ লগতে নিৱেশকাৰীসকলো লাভবান হ’ব। বর্তমান গ্রাহকে বিভিন্ন পণ্যৰ ওপৰত ৩০ ৰ পৰা ৩৫
শতাংশ পৰোক্ষ কৰ দি আছে। জিএচটি চালু হ’লে এই কৰৰ পৰিমাণ ১৭.৫ ৰপৰা ১৮ শতাংশলৈ হ্ৰাস
পাব। সম্প্রতি একেবিধ পণ্য বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ মূল্যত
উপলব্ধ হয়। জিএচটি চালু হ’লে পণ্যবস্তু
সকলো ৰাজ্যতে একে মূল্যত উপলব্ধ হ’ব আৰু টেক্সো একে হ’ব। কিয়নো
তেতিয়া ৰাজ্য চৰকাৰে ইচ্ছানুপাতে কৰ নিৰ্দ্ধাৰণ কৰিব নোৱাৰিব।
জিএচটি চালু হোৱাৰ পাছত ‘চেট্লে এক্সাইজ
ডিউটি’, অতিৰিক্ত এক্সাইজ
ডিউটি, চাৰ্ভিচ টেক্স, অতিৰিক্ত কাষ্টম
ডিউটি, বিশেষ অতিৰিক্ত
ডিউটি অৱ কাষ্টম, ভেট-চেলচ্ টেক্স, চেন্ট্রেল চেল
টেক্স, মনোৰঞ্জন কৰ, পাৰচেজ টেক্স, প্রসাধন সামগ্ৰী
কৰ আদি সমাপ্ত হ’ব। ভেট আৰু সেৱা
কৰ বন্ধ হোৱাৰ ফলত ঘৰৰ মূল্যৰ লগতে ৰেস্তোৰাঁৰ বিলো হ্রাস পাব। উল্লেখ্য যে, সম্প্ৰতি ভেট
প্ৰতিখন ৰাজ্যৰ কাৰণে বেলেগ বেলেগ আৰু ৬ শতাংশ চাৰ্ভিচ টেক্সৰ বিলত ৪০
শতাংশ ভেট আৰু চাৰ্ভিচ টেক্স প্রয়োগ কৰা হয়। কনজিউমাৰ ডিউৱেল যেনে- এয়াৰ
কণ্ডিচনাৰ, মাইক্রোওয়েব
ওভেন, ওয়াশিং মেচিন সস্তা হ’ব। এইবোৰ
সামগ্ৰীত বৰ্তমান ১২.৫ শতাংশ চাৰ্ভিচ টেক্স আৰু ১৪.৫ শতাংশ ভেট প্ৰয়োগ কৰা হয়।
জিএচটি চালু হ’লে মাথোন ১৮ শতাংশ কৰহে আৰোপ
কৰা হ’ব। ইয়াৰ উপৰিও
বয়-বস্তু সৰবৰাহৰ খৰচ ২০ শতাংশ হ্রাস পাব। ফলত স্মল ইণ্ডাষ্ট্রিসমূহ লাভবান হ’ব।
চাহ, কফি আৰু পেকেটজাত
খাদ্যৰ মূল্য ১২ শতাংশলৈ হ্ৰাস পাব। চাৰ্ভিচেচৰ ক্ষেত্ৰত যেনে-মোবাইল, ক্রেডিড কাৰ্ডৰ
বিল বৃদ্ধি পাব। বর্তমান চাৰ্ভিচেচৰ ক্ষেত্ৰত ১৫ শতাংশ (১৪ শতাংশ
চাৰ্ভিচ টেক্স’, ০.৫ শতাংশ স্বচ্ছ
ভাৰত চেচ, ০.৫ শতাংশ কৃষি
কল্যাণ চেচ) কৰ আৰোপ কৰা হয়। জিএচটি চালু হ’লে এয়া বৃদ্ধি পাই ১৮ শতাংশ হ’ব। আগতে
ডিচকাউণ্টৰ ওপৰত টেক্স ধার্য কৰা হৈছিল, জিএচটি চালু হ’লে এমআৰপিৰ ওপৰত কৰ ধার্য কৰা হ’ব। জেমচ্ এণ্ড
জুৱেলাৰীৰ ওপৰত এতিয়া ৩ শতাংশ ডিউটি কৰ আৰোপ কৰা হয়, জিএচটি চালু হ’লে এই কৰ ১৭
শতাংশলৈ বৃদ্ধি পাব। ৰেডিমেড গাৰমেণ্টৰ ওপৰত এতিয়া ৪ ৰপৰা ৫ শতংশ
ভেট আৰোপ কৰা হয়, জিএচটি চালু ১২
শতংশ কৰ আৰোপ কৰা হ’ব।
প্রণিধানযোগ্য যে আমি
বর্তমান ৩০ শতাংশৰপৰা ৩৫ শতাংশ কৰ প্ৰদান কৰি আছো, এই কৰ হ্ৰাস পালে চৰকাৰ কেনেকৈ চলিব? ইয়াৰ উত্তৰ ‘চীফ ইকন’মিক এডভাইজাৰ’ অৰবিন্দ
সুব্রমণিয়াম স্বামীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। বৰ্তমান টেক্সৰ
ক্ষেত্ৰখন সুসংগঠিত নহয়। কিছুমান বস্তুৰ টেক্স ৩৫ শতাংশলৈ আৰোপ কৰা হয় যদিও কিছুমানৰ
আকৌ টেক্স আৰোপে কৰা নহয়। কিন্তু জিএচটি চালু হ’লে সকলো সামগ্ৰীৰ ওপৰত টেক্সো ধার্য কৰা হ’ব। ব্যৱসায়ীসকলে
বর্তমান নিজৰ বিক্ৰী সঠিকভাবে প্ৰদৰ্শন নকৰে, অনলাইনত বিক্ৰী হ'লে তেতিয়া
টেক্সো ফাঁকি দিব নোৱাৰিব। ফলত চৰকাৰৰ বিশেষ ক্ষতি নহ'ব বুলি আশা কৰা
হৈছে। কিছুমান ৰাজ্য লোকচানৰ সন্মুখীন হ'ব পাৰে বুলি ভাবি প্রথম তিনি বছৰ কেন্দ্ৰীয়
চৰকাৰে সম্পূর্ণভাবে সেই
ক্ষতিপূৰণ কৰিব, চতুৰ্থ বছৰত ৭৫
শতাংশ আৰু পঞ্চম বছৰ ৫০ শতাংশ ক্ষতি কেন্দ্ৰই পূৰণ কৰিব।
পণ্য আৰু সেৱা কৰৰ
বিধেয়কৰ ফলত আমূল আর্থিক সংস্কাৰ সাধন হ’ব বুলি আশা কৰা হৈছে।
(জনসাধাৰণ
তাং-৩-০৮-১৬)
ৰহস্যময় বাৰমুডা ত্রিভূজ
কে’বা শতকৰ পৰা
বৈজ্ঞানিকসকলে বাৰমুডা ত্ৰিভূজ( ট্ৰেইঙ্গল)ৰ ৰহস্য উদ্ঘাটন কৰা বুলি দাবী কৰি
আহিছে। বৈজ্ঞানিক চেনেল ‘হোৱাট অন আৰ্থ’ত সম্প্ৰতি
প্ৰচাৰিত এক প্রতিবেদনত এক বিশেষ ধৰণৰ মেঘৰ উপস্থিতিৰ ফলতহে বাৰমূড়া ত্ৰিভূজৰ
ওচৰে-পাঁজৰে বিমান আৰু জাহাজবোৰ অদৃশ্য হৈ পৰে বুলি দাবী কৰিছে। বিগত এশ বছৰত
বাৰমুডা ত্ৰিভূজত কুৰিখনতকৈও অধিক সৰু-বৰ জাহাজ অদৃশ্য হৈছে আৰু ইয়াৰ ফলত ১০০০ জনতকৈও অধিক লোক
মৃত্যু মুখত পৰিছে। আন এক তথ্য অনুসৰি বাৰমুডা ত্ৰিভূজত এতিয়ালৈকে ৮০০০ তকৈও অধিক
লোক মৃত্যুমুখত পৰিছে বুলি প্ৰকাশ পাইছে।
বৈজ্ঞানিকসকলে এই মেঘক ‘হেক্ছাজ’নাল’ নামেৰে নামকৰণ
কৰিছে। বোমা বিস্ফোৰণৰ ফলত উৎপন্ন হোৱা শক্তি আৰু ১৭০ কিলোমিটাৰ বেগত প্রবাহিত
হোৱা ধুমুহাৰ লগত এই মেঘপুঞ্জক তুলনা কৰিব পাৰি। এই মেঘ আৰু বতাহৰ সমষ্টিৰ লগত
জাহাজ আৰু বিমানৰ সংঘৰ্ষ হোৱাৰ ফলত জাহাজ আৰু বিমান ধ্বংসপ্রাপ্ত হয় বুলি
বৈজ্ঞানিকসকলে দাবী কৰিছে। বাৰমুডা ত্ৰিভূজ ৫০০,০০০ বর্গ কিলোমিটাৰ এলেকালৈ বিয়পি আছে। বৈজ্ঞানিকসকলৰ
মতে, প্রচণ্ড বেগত
প্রবাহিত হোৱা ধুমুহাই মেঘ সৃষ্টি কৰে। এই মেঘ দেখিবলৈকো ৰহস্যময়। এটুকুৰা মেঘৰ
পৰিধি কমপক্ষে ৪৫ ফুট। ইয়াৰ অভ্যন্তৰ ভাগত বোমাতকৈও অধিক প্রচণ্ড শক্তি থাকে। মেট্রোলজিষ্ট ৰ্যাণ্ডি
কাৰভেনীৰ মতে মেঘেই বোমা বিস্ফোৰণৰ দৰে শক্তি উৎপন্ন কৰে। যাৰ ফলত
ওচৰ-পাঁজৰৰ সকলো বস্তু ধ্বংসপ্রাপ্ত হয়।
বাণ্ডি কাৰভেনীয়ে কৈছে-
বতাহে এই ডাঙৰ ডাঙৰ মেঘপুঞ্জ জন্ম দিয়ে আৰু ইয়ে বিস্ফোটকৰ দৰে পানীত খুন্দা
মাৰে। ইয়াৰ ফলত চুনামীৰ লহৰৰ দৰে ওখ ওখ লহৰ সৃষ্টি হয়। লহৰবোৰেপৰস্পৰৰ
লগত খুন্দা মাৰাৰ ফলত অধিক শক্তি উৎপন্ন হয় আৰু সেই শক্তিয়ে ওচৰ-পাঁজৰৰ সকলো বস্তু বিধ্বস্ত
কৰে। বৈজ্ঞানিকসকলৰ মতে এই মেঘ বাৰমূড়া আইলেণ্ডৰ দক্ষিণ উপকূলত উৎপন্ন হয় আৰু
প্ৰায় ২০ পৰা ৫০ কিঃ মিটাৰ দূৰত্ব অতিক্রম কৰে। কলৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰফেছৰ আৰু
মিট্ৰিয়োলজিষ্ট ড০ ষ্টেভ মিলাৰে এই দাবী সমৰ্থন কৰিছে। তেওঁলোকে আৰু দাবী কৰিছে
যে, এই মেঘ নিজে নিজেই
সৃষ্টি হয় আৰু ইয়াক চিনাক্ত কৰাটো খুবেই কঠিন কাম।
বাৰমুডা ত্ৰিভূজ বিশ্বৰ
সমাধান কৰিব নোৱাৰা কিছুমান ৰহস্যৰ অন্যতম। বাৰমুডা ত্ৰিভূজক বিশ্বৰ আটাইতকৈ
ভয়াৱহ স্থানৰ ভিতৰত অন্যতম স্থান হিচাপে চিনাক্ত কৰা হয়। সেয়ে ইয়াৰ
ওচৰলৈ যোৱাটোক আত্মহত্যা বুলি বিবেচনা কৰা হয়। বাৰমুডা ত্ৰিভূজৰ ৰহস্যময়
ভয়াৱহতালৈ লক্ষ্য কৰি ইয়াক চয়তানৰ টাপু (সৰু দ্বীপ) বুলিও কোৱা
হয়। বাৰমুডা ত্ৰিভূজ আটলান্টিক মহাসাগৰৰ দক্ষিণ-পূৰ্ব দিশত অৱস্থিত। বাৰমুডা, মিয়ামী, ফ্লোৰিডা আৰু সেন জোৱান্স
মিলি এই ভয়াৱহ ত্রিকোণ সৃষ্টি হৈছে। যেতিয়াই কোনো জাহাজ, নাও অথবা বিমান
এই ত্রিকোণীয়া সীমাৰ কাষলৈ যায়, তেতিয়া সম্ভলন হেৰাই পেলায় আৰু হঠাৎ ইয়াৰ চিন-মোকাম
পৃথিবীৰপৰা নোহোৱা হৈ যায়। কল্প কাহিনীৰ দৰে লাগিলেও ই বাস্তব সত্য। বাৰমূড়া
ত্ৰিভূজৰ ৰহস্যৰ বিষয়ে জনা বহুত লোকে ইয়াক ভৌতিক কাণ্ড বুলি ভাবে। ইয়াকো ভবা হয় যে
এই বাৰমূড়া ত্ৰিভূজত চয়তানী শক্তি আছে আৰু সেই চয়তানী শক্তিয়ে
কেতিয়াও নিজৰ চিকাৰ এৰি নিদিয়ে। কিছুমানে ভাবে যে, তাত বেলেগ গ্ৰহৰপৰা অহা এলিয়ন বাস কৰে আৰু সেই
এলিয়ানবোৰে মানুহক তাৰপৰা যাবলৈ নিদিয়ে। অৰ্থাৎ সিহঁতক অদৃশ্য
কৰে। পক্ষান্তৰে বাৰমুডা ত্ৰিভূজৰ ৰহস্য উদ্ঘাটন কৰিব বিচৰা কিছুমানে আকৌ এইবোৰ
ঘটনাৰ কাৰণে বেলেগ দৰ্শন উপস্থাপন কৰে। বাৰমূড়া ত্ৰিভূজৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আত্মনিয়োগ
কৰা বৈজ্ঞানিকসকলে ধাৰণা কৰে যে, ইয়াত মিথেন গেছৰ অফুৰন্ত ভাণ্ডাৰ মজুত আছে আৰু তাত সদায়
বিস্ফোৰণ সংঘটিত হৈ থাকে। সততে সংঘটিত হৈ থকা বিস্ফোৰণৰ ফলত পানীৰ ঘনত্ব হ্রাস
পায় আৰু সামুদ্রিক জাহাজ তাত উপস্থিত হ’লেই পানীৰ ভিতৰলৈ সোমাই যায়। এই গেছে আকাশত
উৰি থকা বিমানকো আকর্ষণ কৰে।
বহুতো বৈজ্ঞানিকে ধাৰণা
কৰে যে, বাৰমূডা ত্ৰিভূজৰ
মাজত সম্ভৱতঃ ঘন কুঁৱলী সৃষ্টি হয় আৰু তাত বিদ্যুৎ উৎপন্ন হয়। যাৰ ফলত
ইপাৰ-সিপাৰ অদৃশ্য হৈ পৰে। ফলত ৰাস্তা হেৰুৱাই জাহাজবোৰ তাতে অনাই-বনাই ঘূৰি ফুৰিবলৈ
বাধ্য হয় আৰু এটা সময়ত তাতে বন্দী হৈ পৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা আৰু
ছোভিয়েট ৰাছিয়াৰ মাজত শীতযুদ্ধ চলি থকাৰ সময়ত এনেকুৱা উৰা-বাতৰি এনেকুৱা
উৰা-বাতৰিও প্ৰচাৰ হৈছিল যে, আমেৰিকাই সমগ্ৰ
বিশ্বক নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ কাৰণে তাত গুপ্ত সেনা ছাউনী নিৰ্মাণ কৰিছে; কিন্তু ইয়াৰ সঠিক তথ্য এতিয়ালৈকে কোনেও
উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
১৯৫০ চনৰ ১৬ ডিচেম্বৰত
বাৰমুডা ত্ৰিভূজৰ বিষয়ে এটি লেখা প্রকাশ পাইছিল। ইয়াৰ দুবছৰ পাছত ফেইট পত্রিকাত ‘চি মিষ্ট্রি এট আৱাৰ বেক ডোৰ’ শীর্ষক আন এটি লেখা প্রকাশ পাইছিল। এই লেখাত কে’বাটাও সামুদ্রিক জাহাজৰ সৈতে আমেৰিকান নৌসেনাৰ
৫ খন টিবিএম বোমা নিক্ষেপক বিমান ‘ফ্লাইট -১৯’ নিৰুদ্দেশ হোৱাৰ তথ্য প্ৰকাশ কৰা হৈছিল।
লেখাটোত ফ্লাইট-১৯ নিৰুদ্দেশ হোৱাৰ কথা খুবেই গুৰুত্বসহকাৰে লোৱা হৈছিল। ১৯৬০ চনৰ
এপ্ৰিলত এই সন্দৰ্ভত আন এখন পত্ৰিকাই প্ৰকাশ কৰিছিল যে বিমান চালকক কোৱা শুনা
গৈছিল- ‘আমাৰ ঠিকনা নাই, আমি এতিয়া ক’ত আছো। পানীৰ ৰং সেউজীয়া আৰু কোনো বস্তুৱে
সঠিক যেন লগা নাই।'
নৌসেনাৰ উদ্ধৃতি দি
পত্রিকাখনত লেখা হৈছিল যে, বিমান কোনোবা
বেলেগ গ্ৰহলৈ গুচি গৈছে। প্রথম লেখাত কোনো পাৰলৌকিক শক্তিৰ প্ৰভাৱত বিমান অদৃশ্য
হোৱাৰ কথা প্ৰকাশ কৰা হৈছিল। এই কথা বিনচেণ্ট গাডিচ, জন ৱালেচ স্পেনচৰ, চাৰ্লচ বাৰ্লিট্চ, ৰিচাৰ্ড বিনৰ আৰু অন্যান্যই নিজৰ নিজৰ লেখাৰ
জৰিয়তে আগবঢ়াই নিছিল। এৰিজোনা স্টেট বিশ্ববিদ্যালয়ৰ লাইব্রেৰিয়ান আৰু দ্যা
বাৰমুডা ট্রাইঙ্গল মিষ্টিৰ লেখক লন্সে ডেভিড কুশে লেখাবোৰ বহুতো পৰিমাৰ্জিত কৰি
অন্যান্য লেখকতকৈও বেলেগ মতামত দাঙি ধৰিছিল। তেওঁ প্ৰত্যক্ষদর্শীৰ উদ্ধৃতি দি
বিমান অদৃশ্য হোৱা কথাটো ভুল বুলি কৈছিল। কুশে লেখিছিল যে, বিমান আৰু
জাহাজবোৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে দুৰ্ঘটনাত পতিত হৈছিল। কুশৰ এই লেখাক অন্যান্য লেখকে
গুৰুত্বসহকাৰে লোৱা নাছিল।
অষ্ট্ৰেলিয়াৰ পৰিশোধন
সংস্থাই বাৰমূড়া ট্ৰেইঙ্গলৰ ৰহস্য উদ্ঘাটন কৰিবলৈ এক সমীক্ষা চলাইছিল। উক্ত
সমীক্ষাৰ পৰা পোহৰলৈ আহিছিল যে, সেই বিশেষ সমুদ্ৰ ক্ষেত্ৰৰ এক বিশাল এলেকা ব্যাপী মিথেন হাইড্রাইড গেছৰ বহুলতা
আছে। সেই গেছৰপৰা উঠা বুৰবুৰণিৰ ফলত জাহাজবোৰ হঠাৎ ডুব যোৱাৰ কাৰণ হ'ব পাৰে। আমেৰিকাৰ
ভৌগোলিক পর্যবেক্ষণ বিভাগে(ইউএচজিএচ) অষ্ট্ৰেলিয়াৰ পৰিশোধন সংস্থাৰ সমীক্ষা
সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিছিল। শ্বেতপত্ৰখন ‘ইউএচজিএচ’ৰ ৱেব চাইডতো প্ৰকাশ কৰিছিল আৰু তাত কোৱা হৈছিল
যে, বিগত ১৫০০০ বছৰত
সমুদ্ৰৰ পানীত তেনেকুৱা বুৰবুৰণি উঠাৰ কোনো প্রমাণ নাই। পক্ষান্তৰে ইয়াত অত্যধিক
চুম্বকীয় ক্ষেত্ৰৰ বহুলতা থকাৰ কাৰণে জাহাজত সংস্থাপিত উপকৰণে কাম কৰিবলৈ বন্ধ
কৰি দিয়ে। ফলত ৰাস্তা হেৰুৱাই জাহাজবোৰ দুৰ্ঘটনাত পতিত হয়।
বাৰমুডা ত্রিভুজৰ ৰহস্য
সন্দৰ্ভত বৈজ্ঞানিক চেনেল ‘হোৱাট অন আর্থ’এ যি প্রতিবেদন প্রকাশ
কৰিছে সেয়া কিমানদূৰ সত্য তাক সময়েহে মূল্যায়ন কৰিব।
(জনসাধাৰণ-
১৫-০১-১৭)
ব্ৰহ্মপুত্ৰৰ
খহনীয়া আৰু নিছিনপুৰৰ নদীবান্ধ
প্রকাশ
অগ্রদূত -১৯-০৩-২৫
বানপানী আৰু গৰাখহনীয়া অসমৰ এক জলন্ত সমস্যা।
এই সমস্যা সমাধানৰ নামত বছৰি কোটি কোটি টকাৰ শৰাধ কৰা হৈছে যদিও এতিয়ালৈকে ইয়াৰ
স্থায়ী সমাধান সম্ভৱ হোৱা নাই। খৰালি ব্ৰহ্মপুত্ৰৰ শান্ত সমাহিত ৰূপ ৷ মৰা অজগৰৰ
দৰে নিশ্চল হৈ পৰি থাকে, কিন্তু বাৰিষা ইয়াৰ অনন্ত জলৰাশি ফেনে
ফুটুকাৰে উফন্দি উঠে। ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰে।
শ শ গাঁও ভূঁই তল যায়। খহনীয়াৰ ফলত হাজাৰ হাজাৰ মানুহ গৃহহীন হয়। হাহাকাৰ ৰোল
উঠে। গৰু-ছাগলী, ঘৰ-দুৱাৰ ভাহি যায় । মানুহবোৰে ওখ ঠাই বিচাৰি
ঢাপলি মেলে। বাৰিষা কালত এই ঘটনা প্ৰতি বছৰে পুনৰাবৃত্তি হয়। সেয়ে বাৰিষা কাল
আৰম্ভ হোৱাৰ লগে লগে নৈপৰীয়া মানুহবিলাক বানপানী বিশেষকৈ গৰাখহনীয়াৰ ভয়ত শংকিত
হৈ পৰে।
ব্ৰহ্মপুত্র নদ যুগে যুগে উত্তৰ-পূৱ ভাৰতৰ
জীৱনৰেখা হৈ আছে। এই মহান নদীখন চীন, ভাৰত আৰু বাংলাদেশৰ ২,৮৮০
কিলোমিটাৰ পথ অতিক্ৰম কৰিছে। ইমান দৈৰ্ঘৰ এখন জলজ নদীৰ লগত স্বাভাৱিকতে খহনীয়াৰ
পৰা সৃষ্ট পলস নিক্ষেপৰ সমস্যা জড়িত হৈ থাকে; ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো ইয়াৰ ব্যাতিক্ৰম নহয়
৷ ব্ৰহ্মপুত্ৰ অৱবাহিকাত বানপানী, গৰাখহনীয়া, পানীৰ যানজট সমস্যা ব্যাপক । ব্ৰহ্মপুত্ৰ নদখনৰ
বৈশিষ্ট্য হৈছে ইয়াৰ বৃহৎ জলপ্ৰৱাহ, বিপুল পৰিমাণৰ পলসৰ বোজা, পাৰৰ
মাটি খহনীয়া প্রভৃতি ৷ বানপানী আৰু গৰাখহনীয়া সমস্যা মোকাবিলা কৰিবলৈ ৰাজ্য
চৰকাৰ, কেন্দ্ৰীয়
চৰকাৰ আৰু স্বায়ত্বশাসিত অঞ্চলকে ধৰি বিভিন্ন সংস্থাই উত্তৰ পূৰ্বাঞ্চলত বান
ব্যৱস্থাপনা কাৰ্যসূচীৰ পৰিকল্পনা আৰু কাৰ্যকৰণৰ বাবে নিয়োজিত হৈ আছে।
১৯৫০ চনৰ ভূমিকম্পৰ পাছত ব্ৰহ্মপুত্ৰ নদৰ
তলিভাগ তৰাং হৈ উঠাৰ ফলত বছৰে বছৰে বানপানীৰ সৃষ্টি হোৱাত ১৯৫৭ চনত ‘out plan for flood control in Assam'ৰ জৰিয়তে চৰকাৰে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা
কৰিছে। সেই যোজনানুসাৰে চৰকাৰে ব্ৰহ্মপুত্ৰ নিয়ন্ত্রণ বোৰ্ডৰ জৰিয়তে ইটালী, হংকং
আদি দেশৰ আৰ্হিত ব্ৰহ্মপুত্ৰ নদৰ পাৰত কিছুসংখ্যক মথাউৰি নিৰ্মাণ কৰিছে। ফলত
উপনৈসমূহৰ স্ৰোতৰ বেগ বাঢ়িছে আৰু প্ৰবল সোঁতে কঢ়িয়াই অনা পলস পৰি ব্ৰহ্মপুত্ৰৰ
তলিভাগ অধিক তৰাং হৈ উঠিছে। ফলত নদীৰ পানী ধাৰণৰ ক্ষমতা হ্ৰাস পাইছে। সেয়ে
অতিৰিক্ত পানীৰ চাপত ষাঠি সত্তৰ বছৰ আগৰে পৰা নৈত খহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে।
খহনীয়া কেনেকৈ সংঘটিত হয়? এই বিষয়ে বহুদিন আগতে এটি প্ৰৱন্ধ পঢ়িছিলো।
প্ৰৱন্ধত এনেদৰে লিখা আছিল-নদীৰ গঁৰা সাধাৰণতে উলম্বভাৱে ৯০° কোণ কৰি
থাকে। ফলত পানীৰ স্রোতে গৰাৰ নিম্নাংশত ৰুকণিৰে
ৰুকাৰ দৰে ৰুকি গৰাৰ তলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গাঁত সৃষ্টি কৰে। তেতিয়া
মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত ওপৰৰ মাটিভাগ তললৈ বহি গৈ খহনীয়াৰ সৃষ্টি কৰে। এই
খহনীয়াৰ ফলত হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈছে আৰু সৃষ্টি হৈছে অসংখ্য চৰ।
অসম চৰকাৰৰ চৰ উন্নয়ন কর্তৃপক্ষই যোৱা ১৯৮৫
চনত সংগ্ৰহ কৰা পৰিসংখ্যাৰ ভিত্তিত জানিবপৰা যায় যে, অসমৰ
ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১১ খন জিলাত মোটা-মুটি ১২৫৬ টা চৰ আছে। ১৯৯৩-৯৪ চনৰ Socio Economic Survey অনুসৰি
আকৌ ২০৮৯ টা চৰৰ পৰিসংখ্যা পোৱা যায়। এই চৰসমূহত ৮২ লাখ হেক্টৰ ভূমি থকা বুলিও
অনুমান কৰা হৈছিল। জনসংখ্যা ২৪,৯০,০৯৭ জন। পৰিয়ালৰ সংখ্যা ৪,৩৪,৭৫৪ টা।
ইয়াৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ সংখ্যা ২,৯৫,১৯৯ টা।
শিক্ষিতৰ হাৰ শতকৰা ১৯.৩১ জন। বিগত ২০০১ চনৰ পৰা ২০১৩ চনলৈ চৰ উন্নয়নৰ নামত খৰচ
কৰা হৈছে ২৩০০০,০০,০০০,০০(তেইছ হাজাৰ কোটি টকা)। ইয়াৰ উপৰিও আছে
এনজিও বিলাকে আৰৱ ৰাষ্ট্ৰৰ পৰা অনা কোটি কোটি টকা। ইয়াৰ লগত বানপানী আৰু খহনীয়া
প্ৰতিৰোধ ব্যৱস্থাও জড়িত হৈ আছে। কিন্তু এতিয়ালৈকে বানপানী নিয়ন্ত্ৰণ আৰু
খহনীয়া প্ৰতিৰোধ কৰা সম্ভৱ হোৱা নাই। ফলত চৰৰ আৰ্থ-সামাজিক উন্নয়ন হোৱা নাই।
এতিয়ালৈকে চৰত নাই ভাল ৰাস্তা, বিজুলি, খোৱাপানী, ভাল শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ বিনষ্ট
হোৱাৰ মূলতে আছে চৰকাৰৰ শিক্ষাৰ প্ৰতি অনীহা, দৰিদ্ৰতা আৰু বাল্য বিবাহ।
১৯৭১
চনৰ লোক পিয়লৰ তথ্য অনুসৰি এই চৰাঞ্চলৰ জনসংখ্যা ৬ লাখ ১০ হাজাৰ জন আছিল বুলি জনা
যায়৷ আন এক তথ্যৰপৰা জনা যায় যে, যোৱা ৫০/৬০ বছৰৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলাৰ
প্রায় ৭০০ খন, বৰপেটা জিলাৰ ৩৫০ খন আৰু কামৰূপ, নগাঁও, যোৰহাট, ডিব্ৰুগড়
জিলাৰ শ শ গাঁও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত নদৰ বুকুত জাহ
গৈছে। কিন্তু চৰকাৰে এই মানুহবিলাকৰ সংস্থাপনৰ বাবে তেনে কোনো ফলপ্রসূ ব্যৱস্থা
হাতত লোৱা নাই। বিগত ৫০/৬০ বছৰে গৰাখহনীয়াগ্ৰস্ত মানুহবিলাকে দৰিদ্ৰতাৰ লগত যুঁজি
যুঁজি সৰ্বস্বান্ত হৈ অঘৰীভাবে দিহিঙে-দিপাঙে কামৰ সন্ধানত ঘূৰি ফুৰিব লগা হৈছে
আৰু অসমৰ বিভিন্ন চহৰ তথা গাঁৱে-ভূঁৱে সোমাই পৰিছে । এওঁলোকৰ কিছুমানে ঠেলা-ৰিক্সা
চলাইছে, কিছুমানে
মাটি কাটিছে, নলা-নর্দমা চাফা কৰিছে, কিছুমানে
আকৌ মাছ, শাক-পাচলিৰ
ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছে। এওঁলোক আর্থিক, সামাজিক, শৈক্ষিকভাবে তেনেই পিছপৰা চৰকাৰৰ অৱহেলাৰ ফলত ।
শ শ বছৰ ধৰি অসমৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰিও এওঁলোক এচাম জাত্যাভিমানী লোকৰ মনত
সন্দেহযুক্ত বাংলাদেশী হিচাপে চিহ্নিত হৈ আহিছে। অসমীয়া জাত্যাভিমানী আৰু
ক্ষমতালোভীসকলে এই জনগোষ্ঠীটোক সচেতনভাবে শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিকভাবে দিনৰ পাছত দিন ধৰি
নিৰ্যাতন কৰি আছে। অথচ এই মানুহবিলাকৰ ত্যাগৰ তুলনা নাই। এওঁলোকে নিজৰ
ভাষা-সংস্কৃতি ত্যাগ কৰিছে, অসমখনক শস্য-শ্যামলা কৰাৰ কাৰণে মূৰৰ ঘাম মাটিত
সৰাইছে, অসমীয়া
থলুৱা হিন্দুৰ লগত মিলি যাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে; কিন্তু
এই ত্যাগৰ বিনিময়ত এওঁলোকে পাইছে সন্দেহযুক্ত বাংলাদেশীৰ লেবেল। অর্থাৎ দাঢ়ি, লুঙী, টুপী
আৰু ক্ষীণ-মিন মানুহ মাত্রেই বাংলাদেশী।
গতিকে ভূক্তভোগী ৰাইজে খহনীয়া স্থায়ী
প্ৰতিৰোধৰ বাবে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিছে আৰু বিগত কিছুদিনৰ পৰা এই
বাতৰিয়ে সামাজিক মাধ্যমত খলকনি তুলিছে। বাতৰিটো ফকিৰঞ্জৰ মেদৰটাৰী অঞ্চলৰ
নিছিনপুৰৰ গৰাখহনীয়া প্ৰতিৰোধ সম্পৰ্কীয়। ভূক্তভোগী ৰাইজে চৰকাৰৰ মুখলৈ চাই
নাথাকি ৰাইজৰ দান-বৰঙণিৰে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ
মাৰবান্ধি থিয় দিছে। দুই বছৰমান আগতে চৰকাৰৰ পৃষ্ঠপোষকতাত হামিদাবাদ উচ্চতৰ মাধ্যমিক
বিদ্যালয়ৰ সমীপত খহনীয়া প্ৰতিৰোধৰ কাৰণে জিও বেগৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা
হৈছিল যদিও ভূক্তভোগীৰ ভাষ্যমতে সময়োপযোগী বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত
সেই প্ৰতিৰোধ ব্যৱস্থা স্থায়ী নহ'ল । সেয়েহে এইবাৰ ৰাইজে খৰালি কালতে বিজ্ঞান
সন্মত প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাইজে অৰাজনৈতিকভাবে ৰাইজৰ দান-বৰঙণিৰে
বান্ধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। যাৰ ফলত জলেশ্বৰ সমষ্টিৰ
বিধায়ক আফতাব উদ্দিন মোল্লাই বিধায়ক পূঁজিৰ পৰা যোগান ধৰিব খোজা পাঁচ লাখ টকা
ৰাইজে গ্ৰহণ কৰা নাই বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হৈছে। জানিব পাৰিছোঁ যে, গৰাখহনীয়া
প্ৰতিৰোধৰ বাবে এখন কমিটি গঠন কৰা হৈছিল আৰু উক্ত কমিটিয়ে ১২০০ মিটাৰ বান্ধ
নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে ষাঠি শতাংশ কাম সম্পন্ন হৈছে বুলি
বিশ্বস্তসূত্ৰে জানিব পৰা গৈছে। কিন্তু ৰৈ থকা কামখিনি নির্মাণ কমিটিয়ে পুঁজিৰ
অভাৱত আশা কৰা ধৰণে আগবঢ়াই নিব পৰা নাই ৷ সদাশয় ৰাইজে স্বতঃস্ফূর্তভাবে
দান-বৰঙণি আগবঢ়ালে ৰৈ থকা চল্লিছ শতাংশ কামো বাৰিষাৰ আগে আগে সম্পন্ন কৰিব পাৰিব
বুলি নির্মাণ কমিটি আশাবাদী। আশা কৰোঁ, ৰাইজ এই মহৎ কামৰ বাবে আগবাঢ়ি আহিব। কাৰণ
ৰাইজে নখ জোকাৰিলেই নৈ বয় ৷*
: ধর্ষণ
এক সামাজিক ব্যাধি
সিদিনা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষক
ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসে নিজ বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত কুকৰ্ম কৰি
শিক্ষক সমাজৰ নাক কাটিলে। তেওঁলোকৰ বিৰুদ্ধে ৮৯/২৫ আৰু ৭৫(বিএনএচ)১২ ধাৰাৰ অধীনত
উভয় অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এইটোৱে একমাত্র ঘটনা নহয়, শিশুৰ
পৰা বৃদ্ধালৈকে এনেকুৱা জঘন্য ধৰ্ষণৰ ঘটনা অহৰহ সংঘটিত হৈয়ে আছে আমাৰ সমাজত ৷
আমাৰ দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত আটাইতকৈ
অৱজ্ঞা আৰু জঘন্যতম ঘটনাৰ ভিতৰত ধৰ্ষণ অন্যতম। ২০১৫ চনত ভাৰতত মুঠ ৩৪,৬৫১ টা
ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল। ইয়াৰ ভিতৰত ৩৩,০৯৮ টা গোচৰত ভূক্তভোগীয়ে অপৰাধীক চিনি পাইছিল
আৰু ভূক্তভোগীসকল ছয় বছৰৰ তলৰপৰা ষাঠি বছৰৰ ওপৰত আছিল বুলি নেচনেল ক্রাইম ৰেকৰ্ডচ
ব্যুৰো (এনচিআৰবি)ৰ তথ্যত প্ৰকাশ পাইছিল। ৰাজ্যসমূহৰ ভিতৰত মধ্যপ্ৰদেশত সৰ্বাধিক ৪,৩৯১ টা
ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ২,১৯৯ টা
ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল দিল্লীত।
২০১৬ চনত নেচনেল ক্রাইম ব্যুৰোই প্ৰকাশ কৰা
তথ্য অনুসৰি সমগ্ৰ দেশত ৩৪,৬০০ টা ধৰ্ষণৰ গোচৰ সংঘটিত হৈছিল আৰু ৰাজধানী
দিল্লীয়ে ক্ৰমে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কুখ্যাতৰ তালিকাত
শীর্ষস্থান দখল কৰিছিল।
ভাৰতত নেচনেল ক্রাইম ৰেকৰ্ডচ
ব্যুৰো(এনচিআৰবি)ৰ ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশত ৩১,৬৭৭ টা
ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল, বিপৰীত পক্ষে ২০২০ চনত পঞ্জীয়ন কৰা হৈছিল ২৮,০৪৬ টা
গোচৰ। আনহাতে ২০১৯ চনত পঞ্জীয়ন কৰা হৈছিল ৩২,০৩৩ টা গোচৰ। মুঠ ৩১,৬৭৭ টা
গোচৰৰ ভিতৰত ২৮,১৪৭ (প্রায় ৮৯ শতাংশ) ঘটনা ভূক্তভোগীৰ চিনাকি
মানুহে সংঘটিত কৰিছিল ।
বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি সন্মতিসূচক যৌন
সম্পর্ককো চৰকাৰে ধৰ্ষণৰ শ্ৰেণীভূক্ত কৰে। ভাৰতত বেছিভাগ ধৰ্ষণৰ গোচৰ
পঞ্জীয়নভূক্ত নোহোৱাকৈ থাকে যদিও শেহতীয়া বছৰবোৰত ধৰ্ষণৰ গোচৰ পঞ্জীয়নৰ প্ৰৱণতা
বৃদ্ধি পাইছে। এয়া সমাজৰ কাৰণে শুভ লক্ষণ বুলি ক'ব পাৰি।
এনচিআৰবিৰ ২০২১ চনৰ পৰিসংখ্যা অনুসৰি ভাৰতৰ
ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থানত সৰ্বাধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, তাৰ
পাছতে আছে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ। মহানগৰসমূহৰ ভিতৰত ৰাজধানী দিল্লীত ১,২২৬ টা
ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে জয়পুৰত প্ৰতি একলাখ জনসংখ্যাৰ ভিতৰত সর্বাধিক
৩৪ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। মহানগৰসমূহৰ ভিতৰত কলিকতাত সর্বনিন্ম ধৰ্ষণৰ ঘটনা
পঞ্জীয়ন কৰা হৈছিল।
ভাৰতত প্রতি ২০ মিনিটৰ মূৰে মূৰে এজনী নাৰী
ধৰ্ষিতা হয়। গৰিষ্ঠ সংখ্যক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ধৰ্ষণৰ
বলি হোৱা যুৱতীসকল সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহ। বিশেষজ্ঞসকলৰ মতে ধৰ্ষণৰ মাত্ৰ ১০
শতাংশ গোচৰহে ৰুজু কৰা হয় আৰু ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত হোৱাৰ হাৰ মাথোন ২৪.২
শতাংশ। নেচনেল ক্রাইম ৰেকৰ্ডচ ব্যুৰোৰ ২০১৩ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ২০১২ চনত
সমগ্ৰ ভাৰতত মুঠ ২৪,৯২৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰে ২৪,৪৭০
টা(৯৮ শতাংশ) ঘটনা চিনাকি মানুহৰ দ্বাৰা সংঘটিত হৈছিল।
এটি সৰু নমুনা সমীক্ষা ব্যৱহাৰ কৰি হিউম্যান
ৰাইট ৱাচে প্ৰকাশ কৰিছে যে, ভাৰতত প্ৰতি বছৰ ৭,২০০ ৰো
অধিক নাবালিকা (প্রতি এক লাখ নাবালিকাৰ ভিতৰত ১.৬ জনী) ধৰ্ষিতা হয়। ইয়াৰ মাজত
যিসকল ভূক্তভোগীয়ে ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰে
তেওঁলোকৰ বহুতে আৰক্ষীৰ পৰা দুৰ্বব্যৱহাৰ আৰু অপমানৰ সন্মুখীন হোৱাৰ অভিযোগ
উত্থাপন হয় ।
২০১৯ চনত প্ৰতি ১৬ মিনিটৰ মূৰে মূৰে আৰু ২০১৮
চনত ১৫ মিনিটৰ মূৰে মূৰে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল বুলি ‘এনচিআৰবিৰ
তথ্যত প্ৰকাশ। ২০১৯ চনত ৰাষ্ট্ৰীয় গড় ধৰ্ষণৰ হাৰ প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে
শতকৰা ৪.৯ টা আছিল। ২০১৭ আৰু ২০১৮ চনত এই হাৰ আছিল শতকৰা ৫.২ ৰ কিছু কম ৷ ২০১৯
চনলৈকে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত নাগালেণ্ড (০.৮), তামিলনাডু (১.০) আৰু বিহাৰ (১.৩)ত ধৰ্ষণৰ হাৰ
নিম্ন আছিল৷ আনহাতে ৰাজস্থান (১৫.৯) অর্থাৎ ধৰ্ষণৰ হাৰ সৰ্বাধিক আছিল। এই
পৰিসংখ্যাত ধৰ্ষণৰ পাছত হত্যা আৰু ধৰ্ষণৰ চেষ্টাক অন্তৰ্ভূক্ত কৰা হোৱা নাই। অসমত
প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ধৰ্ষণৰ শতকৰা হাৰ (২০১৯ চনত) আছিল ১০.৫ আৰু ধৰ্ষণৰ
গোচৰ পঞ্জীয়ন কৰা হৈছিল ১৭৭৩ টা ।
ধৰ্ষণৰ বলি হোৱা লোকসকল একমাত্ৰ ভাৰততে নহয়
সমগ্র বিশ্বতে প্রতিশোধ তথা অপমানৰ বলি হোৱাৰ ভয়ত সৰহ সংখ্যক ধৰ্ষণৰ ঘটনা গাপ দি
ৰখা হয়।ভাৰতীয় সাংসদ সদস্যসকলে কয় যে, ভাৰতত ধৰ্ষণৰ ঘটনাক তুচ্ছজ্ঞান কৰা হৈছে, কাৰণ
বহু গোচৰ পঞ্জীয়নে কৰা নহয়, যদিও অধিক সংখ্যক ভূক্তভোগীয়ে ধৰ্ষণ আৰু যৌন
নিৰ্যাতনৰ ৰিপোৰ্ট কৰে। ভাৰতৰ কম সংখ্যক ৰাজ্যইহে যৌন নিৰ্যাতনৰ পঞ্জীয়ন নোহোৱা
গোচৰসমূহ অনুমান তথা জৰীপ চলাবলৈ চেষ্টা কৰিছে। ২০০৬ চনৰ নেচনেল ক্রাইম ৰেকৰ্ডচ
ব্যুৰোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ধৰ্ষণৰ প্ৰায় ৭১ শতাংশ গোচৰ পঞ্জীয়ন কৰা
নহয়। ৰাষ্ট্ৰসংঘই ৫৭ খন দেশৰ ভিতৰত অনুষ্ঠিত কৰা এক অধ্যয়নত অনুমান কৰা হৈছে যে, বিশ্বব্যাপী
ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ মাত্ৰ ১১ শতাংশহে গোচৰহে পঞ্জীয়ন কৰা হয় ৷
ভাৰতত সংঘটিত হোৱা কেইটামান বৃহৎ ধৰ্ষণৰ ঘটনা-
১৯৯২ চনৰ আজমিৰ ধৰ্ষণ কাণ্ড ভাৰতৰ যৌন শোষণৰ অন্যতম বৃহৎ গোচৰ আছিল, য'ত এশৰো
অধিক নাবালক স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰা হৈছিল বুলি অনুমান কৰা
হৈছিল । অধিকাংশ অভিযুক্ত মঈনুদ্দিন চিস্তীৰ আজমীৰ দৰগাহৰ আছিল ।
২০১২ চনৰ দিল্লীৰ দলৱদ্ধ ধৰ্ষণ কাণ্ড- ২০১২
চনৰ ১৬ ডিচেম্বৰত ৰাজহুৱা বাছত ২৩ বছৰীয়া এগৰাকী ছাত্ৰীক দলৱদ্ধভাৱে ধৰ্ষণ কৰাৰ
ফলত ৰাজধানী দিল্লীত বৃহৎ প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই কাণ্ডৰ সময়ত এজন পুৰুষ
বন্ধু ছাত্ৰীগৰাকীৰ লগত আছিল। এই কাণ্ডৰ সময়ত পুৰুষ বন্ধুজনক লোহাৰ ৰডেৰে মৰিয়াই
ঘোৰতৰভাবে আহত কৰা হৈছিল। সেই একেটা ৰড ছাত্ৰীগৰাকীৰ গুপ্তাংগত ইমানেই গুৰুতৰভাবে
সোমাই দিয়া হৈছিল যে, আক্ৰমণৰ তেৰ দিন পাছত ছাত্ৰীগৰাকীয়ে মৃত্যুবৰণ
কৰিছিল।
পাছদিনা এই ঘটনাক লৈ ভাৰতীয় সংসদত
হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হৈছিল। দুয়োটা সদনৰ সাংসদে নিজৰ নিয়মীয়া কাম-কাজ
একাষৰীয়া কৰি থৈ এই গোচৰৰ বিষয়ে আলোচনা কৰিছিল আৰু আক্ৰমণকাৰীসকলক কঠোৰ শাস্তি
প্ৰদানৰ দাবী জনাইছিল। বিৰোধী দল-নেত্রী সুষমা স্বৰাজে ধৰ্ষণকাৰীসকলক ফাঁচী দিয়া
উচিত বুলি সংসদত মত প্ৰকাশ কৰিছিল। ২২ ডিচেম্বৰত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ মিছিলত
অংশগ্ৰহণ কৰিছিল ৷ আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে এজন
সোতৰ বছৰীয়া নাবালক আছিল। বাকী পাঁচজন অপৰাধীৰ ভিতৰত এজনে বিচাৰৰ পূৰ্বে
আত্মহত্যা কৰিছিল আৰু বাকী চাৰিজনক ২০২০ চনৰ ২০ মাৰ্চত হত্যাৰ অপৰাধত তিহাৰ
কাৰাগাৰ চৌহদত ফাঁচী দিয়া হৈছিল।
২০১২ চনৰ মুম্বাইৰ দলৱদ্ধ ধৰ্ষণ- ২০১৩ চনৰ
আগষ্ট মাহত মুম্বাইৰ ইংৰাজী মাধ্যমৰ আলোচনী এখনত ইন্টাৰনিং কৰি থকা ২২ বছৰীয়া ফটো
সাংবাদিকক দক্ষিণ মুম্বাইৰ মহালক্ষ্মীৰ সমীপৰ শক্তি মিলচৰ নিৰ্জন চৌহদত এজন
নাবালককে ধৰি পাঁচজন লোকে দলৱদ্ধ ধৰ্ষণ কৰিছিল, য'ত তাই এজন পুৰুষ সহকৰ্মীৰ সৈতে এচাইনমেণ্টত
গৈছিল। ইয়াৰ ফলত সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত হৈছিল। ভাৰতীয় দণ্ডবিধিৰ অধীনত নতুনকৈ প্ৰণয়ন কৰা ধাৰা ৩৭৬ ৰ অধীনত তিনিজন
অপৰাধীক মৃত্যুদণ্ড বিহা হৈছিল, কিন্তু ২০২১ চনৰ ডিচেম্বৰত বন্ধে উচ্চ
ন্যায়ালয়ে তিনিটা মৃত্যু দণ্ডাদেশ যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰিছিল।
ৰাণাঘাট গোচৰ- ২০১৫ চনৰ ১৪ মাৰ্চত পশ্চিমবংগৰ
ৰাণাঘাটত এগৰাকী ৭১ বছৰীয়া বৃদ্ধাক ‘নানক কনভেন্ট অৱ যীছুছ এণ্ড মেৰী'ত
অনুপ্ৰৱেশ কৰি ছজন অপৰাধীয়ে দলৱদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ ঘটনা, ধর্মীয়
সামগ্রী ধ্বংস, নগদ ধন লুটপাত, চিচি টিভিত ৰেকৰ্ড হৈছিল। ২০১ চনৰ ১ এপ্ৰিলৰ
ভিতৰত ছয়জন অপৰাধীক গ্ৰেপ্তাৰ কৰি অপৰাধ সাৰ্যস্ত কৰা হৈছিল। অপৰাধীকেইজন
বাংলাদেশী মুছলমান নাগৰিক আছিল বুলি চিনাক্ত কৰা হৈছিল।
ডেল্টা মেঘৱাল ধৰ্ষণ কাণ্ড- ২০১৬ চনৰ ২৯
মাৰ্চত ৰাজস্থানৰ বিকানেৰ জিলাৰ নুখাত ডেল্টা মেঘৱাল নামৰ এগৰাকী ১৭ বছৰীয়া
ছোৱালীৰ মৃতদেহ তাইৰ হোষ্টেলৰ পানীৰ টেংকিৰ পৰা উদ্ধাৰ কৰা হৈছিল । আৰক্ষীৰ ওচৰত
গোচৰ পঞ্জীয়নৰ পাছত হোষ্টেলৰ ৱাৰ্ডেন, শাৰীৰিক শিক্ষাৰ শিক্ষক আৰু অধ্যক্ষক বিকানেৰ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত ৰাখিছিল। অৱশেষত গোচৰটো ৰাজনীতিকৰণ
হোৱাৰ পাছত ৰাজ্য চৰকাৰে কেচটো চিবিআইৰ হাতত ন্যস্ত কৰিছিল।
কাথুৱা ধৰ্ষণ গোচৰ- ২০১৮ চনৰ ১৭ জানুৱাৰীত
জন্মু-কাশ্মীৰৰ কাথুৱাৰ সমীপৰ ৰাছানা গাঁৱত ৮ বছৰীয়া আছিফা নামৰ এগৰাকী নাবালিকাক
ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। ২০১৮ চনৰ এপ্ৰিল মাহত আঠজন লোকৰ বিৰুদ্ধে অভিযোগ
উত্থাপন হোৱাৰ সময়ত এই ঘটনাই ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছিল। অভিযুক্তক গ্রেপ্তাৰ
কৰাৰ পাছত দল সংগঠনে প্রতিবাদ সাস্ত কৰিছিল। এই ঘটনাত ভাৰতীয় জনতা দলৰ দুজন
মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মন্ত্ৰী দুজনে পদত্যাগ কৰিছিল । ধৰ্ষণ আৰু
হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তসকলে ৰাজনৈতিক সমর্থন লাভ কৰাত ব্যাপক ক্ষোভৰ
সৃষ্টি হৈছিল।
উন্নাও ধৰ্ষণ গোচৰ- ২০১৭ চনত উন্নাও ধৰ্ষণ
গোচৰত সাংসদ কুলদীপ সিং চেংগাৰে এগৰাকী ১৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা বুলি অভিযোগ
উত্থাপন হৈছিল। ২০১৮ চনত ভূক্তভোগীৰ পিতৃক অস্ত্ৰ আইন অনুসৰি গ্ৰেপ্তাৰ কৰি
কাৰাগাৰত নিক্ষেপ কৰা হৈছিল । চেংগাৰৰ ভ্ৰাতৃ আৰু আন কেইজনমান লোকৰ প্ৰহাৰত
ভূক্তভোগীৰ পিতৃৰ কাৰাগাৰত মৃত্যু হৈছিল। ভূক্তভোগীৰ পিতৃহত্যাৰ অপৰাধত দোষী
সাব্যস্ত কৰি ২০১৯ চনৰ ২০ ডিচেম্বৰত চেংগাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল।
পৰ্যটনৰ ওপৰত প্ৰভাৱ- ২০১৩ চনৰ মাৰ্চ মাহত
অৰ্ছাৰ পৰা আগ্ৰালৈ চাইকেলেৰ গৈ থকা চুইজাৰলেণ্ডৰ এহাল দম্পতিয়ে মধ্যপ্ৰদেশৰ
দতিয়া জিলাৰ এখন গাঁৱত শিৱিৰ পাতিবলৈ সিদ্ধান্ত লৈছিল । তাত তেওঁলোকক আঠজন
স্থানীয়লোকে শাৰীৰিকভাবে আক্ৰমণ কৰি ডকাইতি কৰাৰ লগতে মানুহজনক বান্ধি ৰাখি
স্বামীৰ সন্মুখতে ৩৯ বছৰীয়া মহিলাগৰাকীক দলৱদ্ধভাবে ধৰ্ষণ কৰিছিল।
ধাৰাবাহিক ধৰ্ষণৰ ফলত ভাৰতীয় পৰ্যটন উদ্যোগক
এটা সময়ত চিন্তিত কৰি তুলিছিল। কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হাই-প্রফাইল
ধৰ্ষণৰ গোচৰৰ ফলত পৰ্যটকৰ সংখ্যা পূৰ্বৰ তুলনাত ২০ ৰ পৰা ৩০ শতাংশ হ্রাস পাইছিল। ‘এছ’চিয়েটেড
চেম্বাৰচ্ অফ কমার্চ এণ্ড ইনডাষ্ট্রি অফ ইণ্ডিয়া' (এছ’চাম) সংস্থাই প্রকাশ কৰিছে যে, সমীক্ষাত
অংশগ্ৰহণ কৰা ১২০০ টা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত ৭০ শতাংশতকৈ অধিক ব্যৱসায়িক
প্রতিষ্ঠানে ব্ৰিটেইন, আমেৰিকাৰ পৰা অহা মহিলা পৰ্যটকে ভিছা বাতিল
কৰাৰ লগতে সামগ্রিকভাবে ২৫ শতাংশ পর্যটক হ্রাস পোৱাৰ কথা জনাইছিল।
যাৰ ফলত ২০১৫ চনৰ জানুৱাৰী মাহত ভাৰতৰ পৰ্যটন
মন্ত্ৰালয়ে মহিলা পৰ্যটকৰ বাবে জৰুৰীকালীন হেল্পলাইন প্ৰৱৰ্তন কৰিব লগা হৈছিল।
ভাৰত চৰকাৰে ২০১৫ চনৰ এপ্ৰিল মাহত ঘোষণা কৰিছিল যে, পৰ্যটকসকলৰ আগমনৰ সময়ত ইমিগ্ৰেচন বিষয়াই
পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ‘ৱেলকাম কাৰ্ড ৰ লগতে সকলো টেক্চিত জিপিএছ-
এম্বেডেড ট্রেকিং ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল। বর্তমান ১২ টা বিদেশী ভাষাত
পৰ্যটকৰ বাবে হেল্পলাইন স্থাপন কৰা হৈছে।
ফার্স্ট ট্রেক কোর্ট- দিল্লীৰ ২০১২ চনৰ দলৱদ্ধ
ধৰ্ষণৰ ফলত ভাৰত চৰকাৰে ধৰ্ষণৰ গোচৰ দ্রুত নিষ্পত্তিৰ
কাৰণে
ফার্স্ট ট্রেক কোৰ্টৰ ব্যৱস্থা কৰিছে। এই ব্যৱস্থাক বহুতে আদৰণি জনাইছে, যদিও
আইনী বিশেষজ্ঞ আৰু পণ্ডিতসকলে ইয়াৰ ন্যায়পৰায়ণতাৰ ক্ষেত্ৰত প্ৰশ্ন
উত্থাপন কৰিছে। আইনী পণ্ডিতসকলে কয় যে, লাখ লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা দৰিদ্ৰ দেশত
ফার্স্ট ট্রেক কোর্টত ন্যায়্য বিচাৰ নহ'বও পাৰে! আমাৰ দেশত প্রতি মিলিয়ন লোকৰ বিপৰীতে গড়ে মাত্র ১৪ জন
ন্যায়াধীশ আছে- ৰাষ্ট্ৰসংঘৰ ৬৫ খন দেশৰ ওপৰত কৰা
অধ্যয়নত
এই সংখ্যা সর্বনিন্ম। (বর্তমান ল' কমিচন অৱ ইণ্ডিয়া'ই প্রতি
এক লাখ জনতাৰ বিপৰীতে ৫ গৰাকী ন্যায়াধীশ নিযুক্তি দিয়াৰ বাবে অনুমোদন দিছে।)
তেওঁলোকে লক্ষ্য কৰিছিল যে, দিল্লী চৰকাৰে ২০১৩ চনত ধৰ্ষণৰ গোচৰ চম্ভালিবলৈ পাঁচখন ফার্স্ট ট্রেক
কোর্ট গঠন কৰিছিল, যদিও হত্যাৰ কোনো ৰায়দান ফার্স্ট ট্রেক কোর্টে কৰা নাছিল। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আইন
বিশ্ববিদ্যালয়ৰ মৃণাল সতীশে কয় যে, আৱেগিক সঁহাৰি আৰু
তাৎক্ষণিক
ন্যায়ৰ বাবে কৰা হুলস্থূলত নীৰিহ লোকক কাৰাগাৰত ভৰোৱাৰ আশংকা নথকা নহয়।
পর্যাপ্ত ন্যায়াধীশ নথকাৰ বাবে বিচাৰ
প্ৰক্ৰিয়াত বিলম্ব হয়, এই বিলম্বিত বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে অপৰাধীসকলে অপৰাধ কৰিবলৈ উৎসাহিত হয়।
ক্রমাগতভাবে বৃদ্ধি পাই থকা অন্যায় অত্যাচাৰৰ
পৰা মহিলাসকলক মুক্ত কৰা কাৰণে নানা ধৰণৰ আইন প্ৰণয়ন কৰা হৈছে। ভাৰতীয় সংবিধানৰ ১৫
অনুচ্ছেদৰ জৰিয়তে নাৰীক পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰা হৈছে। সংবিধানৰ ২৩ আৰু ২৪ অনুচ্ছেদৰ জৰিয়তে
নাৰীৰ বিৰুদ্ধে কৰা শোষণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সংবিধানৰ ৩৯ (ক) অনুচ্ছেদৰ জৰিয়তে
মহিলাসকলক বিনামূলীয়া আইনগত পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নাৰীক ৰাজনৈতিকভাবে সবল কৰাৰ কাৰণে
সংবিধানৰ ৭৩ আৰু ৭৪তম সংশোধনী মর্মে পঞ্চায়ত আৰু নগৰপালিকাসমূহত ৫০ শতাংশ আসন সংৰক্ষণৰ
ব্যৱস্থা কৰা হৈছে।
সংবিধান প্রদত্ত এইসমূহ সুবিধাৰ উপৰিও নাৰীয়ে
যাতে শিক্ষা-দীক্ষা, সুৰক্ষাকে আদি কৰি বিভিন্ন সা-সুবিধা ভোগ কৰিব
পাৰে তাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰি দিয়া হৈছে। উক্ত আয়োগৰ অধীনত প্ৰতিখন ৰাজ্যত আকৌ ৰাজ্যিক মহিলা আয়োগ গঠন কৰি
দিয়া হৈছে। নাৰীৰ বিৰুদ্ধে সংঘটিত নির্যাতন ৰোধৰ বাবে ভাৰতীয় দণ্ডবিধিতো বহুকেইটা ধাৰা
সন্নিৱিষ্ট কৰা হৈছে।
(১) নাৰীৰ বিৰুদ্ধে যৌন নির্যাতন
ৰোধৰ
বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ আৰু ৩৭৬ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। (২) মহিলাক বিৰক্ত কৰাৰ অপৰাধত শাস্তি প্ৰদানৰ বাবে ভাৰতীয় দণ্ডবিধিত
৫০৯ ধাৰা সন্নিৱিষ্ট কৰা হৈছে।
(৩) ওঠৰ বছৰৰ তলৰ
মহিলাক
অপহৰণ কৰাৰ অপৰাধত শাস্তি প্ৰদানৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নং ধাৰা প্ৰণয়ন কৰা
হৈছে।
(৪) ওঠৰ বছৰৰ ওপৰৰ মহিলাক অপহৰণ কৰিলে শাস্তি
প্ৰদানৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ ধাৰা প্ৰণয়ন কৰা হৈছে। (৫) মহিলাক অনৈতিক কার্যত নিয়োগ কৰাৰ
উদ্দেশ্যে বিক্রী অথবা ক্ৰয় কৰিলে শাস্তি প্ৰদানৰ কাৰণে ভাৰতীয় দণ্ডবিধিৰ ৩৭২ আৰু ৩৭৩ ধাৰা
প্ৰণয়ন কৰা হৈছে। (৬) কোনো মহিলাক শাৰীৰিক অথবা মানসিকভাবে নির্যাতন কৰিলে ভাৰতীয় দণ্ডবিধিৰ
৪৯৮ ধাৰা অনুসৰি শাস্তি বিধানৰ ব্যৱস্থা আছে।
(৮)কোনো ব্যক্তি বা প্ৰচাৰ মাধ্যমে মহিলাৰ
অশ্লীল ছবি বা অশ্লীল মন্তব্য প্ৰচাৰ কৰিলে তেনে অপৰাধীক ভাৰতীয় দণ্ডবিধিৰ ২৯২, ২৯৩ আৰু ২৯৪ ধাৰা অনুসৰি শাস্তি প্ৰদানৰ
ব্যৱস্থা আছে।
কিন্তু অতি পৰিতাপৰ কথা যে, মহিলাৰ
সুৰক্ষা আৰু অধিকাৰ প্ৰদানৰ বাবে পৰ্যাপ্ত আইন আৰু সংগঠন থকা সত্ত্বেও চৰকাৰ মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ
নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। কার্যতঃ জনসাধাৰণ সজাগ নহ'লে কোনো আইন বা কোনো সংগঠনেই মহিলাৰ বিৰুদ্ধে
কৰা অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
গতিকে অভিভাৱকসকলে সতর্কতামূলক হিচাপে তলত
দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে-
(১) ছোৱালীক অকলে কাৰো বাসগৃহত পঠোৱাৰ পৰা বিৰত
থকা। (২) প্রাপ্ত বয়স্ক ভাতৃ থকা বান্ধৱীৰ ঘৰলৈ ছোৱালীক অকলে পঠোৱাৰ পৰা বিৰত থকা। (৩)অভিভাৱক
নোহোৱাকৈ ছোৱালীক পিকনিক স্পটলৈ পঠোৱাৰ পৰা বিৰত থকা। (৪) ছোৱালীক পঢ়ুৱাবলৈ অহা
টিউটৰ শিক্ষকক এনেকুৱা ঠাইত বহোৱাৰ ব্যৱস্থা কৰিব পাৰে, য'ৰ পৰা
অভিভাৱকে শিক্ষকৰ প্ৰতি চকু ৰাখিব পাৰে। (৫) সন্ধিয়া নিজৰ ছোৱালীক অভিভাৱক
নোহোৱাকৈ ৰাস্তা বা মার্কেটলৈ যোৱাৰ পৰা বিৰত ৰখা৷
এইবোৰ
সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিলে ধৰ্ষণৰ মাত্ৰা কিছু হ'লেও
কমিব বুলি আশা কৰিব পাৰি৷*
স্বতন্ত্রতাবোধ
আৰু সাম্প্ৰদায়িকতা
বিশ্ব হিন্দু পৰিষদৰ ঔৰঙ্গজেৱৰ সমাধি অপসাৰণৰ
দাবীক লৈ আৰম্ভ হোৱা বিৰোধে এতিয়া হিংসাৰ ৰূপ ধাৰণ কৰিছে আৰু সোমবাৰে (১৭ মার্চ
)নিশা ৮-৩০ বজাত মধ্যপ্ৰদেশৰ নাগপুৰত সাম্প্ৰদায়িক হিংসা বিয়পি পৰিছে। হিন্দু
আৰু মুছলমানৰ মাজৰ এই সাম্প্ৰদায়িক মনোভাৱ আজিৰ নহয়, স্বাধীনতাৰ
পূৰ্বতে এই সাম্প্রদায়িক মনোভাৱ ব্ৰিটিচৰ পৃষ্ঠপোষকতাত গা কৰি উঠিছিল আৰু বৰ্তমান
ৰাজনীতিৰ ছত্ৰছায়াত পুলিপোখা মেলি দেশৰ শান্তি-সম্প্ৰতিত গভীৰ ক্ষত সৃষ্টি কৰিছে।
এই সাম্প্ৰদায়িক মনোভাৱ সৃষ্টিৰ কাৰণ সম্পৰ্কে নীৰদ চৌধুৰীয়ে তেওঁৰ আমাৰ দেশ, আমাৰ
শতক' নামৰ
গ্ৰন্থত স্বতন্ত্রতাবোধ আৰু সাম্প্ৰদায়িকতাৰ বিষয়ে এক অনুসন্ধানমূলক প্ৰৱন্ধত
এনেদৰে লেখিছে- ‘স্বতন্ত্রতা সকলোৰে কাম্য। এখন সমাজে আন এখন
সমাজৰপৰা, এক জাতিয়ে আন এক জাতিৰপৰা, এক
ধৰ্মাৱলম্বীলোকে আন এক ধৰ্মাৱলম্বীলোকৰপৰা আৰু এখন দেশে আন এখন দেশৰপৰা
স্বাতন্ত্রতা বিচাৰে। আন অৰ্থত স্বতন্ত্রতাবোধৰ কাৰণ হিচাপে ভাষা-সংস্কৃতি, পৰম্পৰা, বিশ্বাস-
অবিশ্বাস আদি বিভিন্নতাকে চিহ্নিত কৰিব পাৰি । ভাষাই ভাষাৰপৰা, প্রান্তিকতাই
প্রান্তিকতাৰপৰা, ৰীতি-নীতিয়ে ৰীতি-নীতিৰপৰা স্বাতন্ত্রতা
বিচাৰে। এই স্বতন্ত্রতাবোধৰ ফলত কেতিয়াবা সংঘৰ্ষৰ সূত্ৰপাত হয়।' পৃথিবীখনক
সম্প্ৰতি স্বতন্ত্রতাবোধৰ ক'লা ডাৱৰে ছানি ধৰিছে। ফলত পৃথিবীখন
বিচ্ছিন্নতাবাদ তথা স্বতন্ত্রতাবোধৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে। এই বিচ্ছিন্নতাবাদৰ
পোষকতা কৰিছে সাম্প্রদায়িকতাবাদে। এই আলোচনাত ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতাবাদৰ ওপৰত
আলোচনা কৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব।
ভাৰত হিন্দু ও মুছলমান দুই সম্প্ৰদায়ৰ দেশ। হিন্দু-মুছলমানৰ বিৰোধৰ মূলত আছে স্বতন্ত্রতাবোধৰ অভিশাপ । কিন্তু এই স্বতন্ত্রতা কোনো ব্যক্তি বিশেষৰ স্বতন্ত্রতা নহয়--দুই বিৰাট সম্প্ৰদায়ৰ স্বতন্ত্রতা। হিন্দুৰ হিন্দুত্ব আৰু মুছলমানৰ মুছলমানত্ব বৰ্তাই ৰখাৰ হাবিয়াসেই সাম্প্ৰদায়িকতাবাদৰ জন্ম দিছে। হিন্দুসকলৰ মুছলমানৰ বিৰুদ্ধে অভিযোগ-- মুছলমানসকল বিদেশী জাতীয় আদৰ্শৰ প্ৰতি মোহাচ্ছন্ন। যি ধর্ম-সংস্কৃতি মুছলমানসকলে আঁকোৱালি আছে, সেয়া বিদেশী। গতিকে সেইবোৰ ত্যাগ কৰি মুছলমানসকলে ভাৰতীয় ৰীতি-নীতি তথা সংস্কৃতিৰ পোষকতা কৰাটো হিন্দুসকলে কামনা কৰে। কিন্তু মুছলমানসকলে স্বতন্ত্ৰতা হেৰুৱাৰ ভয়ত সেইবোৰ এৰি দিব নিবিচাৰে। আনহাতে হিন্দুসকল নিজৰ আচাৰ-আচৰণ, সংস্কৃতিৰ ধাৰা বৰ্তাই ৰাখিবলৈ বদ্ধপৰিকৰ। এয়াই হ'ল হিন্দু মুছলমান বিৰোধৰ প্রধান কথা হিন্দু ও মুছলমানৰ শাস্ত্ৰীয় বিধানৰ ওপৰত দৃষ্টিপাত কৰিলে দেখা যায়, হিন্দু ও মুছলমান উভয় সম্প্রদায়ে নিজৰ ঐক্য সম্পর্কে সচেতন আৰু এক সম্প্রদায় আন এক সম্প্ৰদায়ৰ প্ৰতি সহিষ্ণু। কিন্তু উভয় ধর্মত এনেকুৱা কিছুমান বিধান আছে যি অইন ধৰ্মাৱলম্বীলোকৰ কাৰণে গ্রহণ যোগ্য নহয় । প্রথমতে হিন্দু ধৰ্মৰ কথাই ধৰা যাওঁক । হিন্দু ধৰ্মত আন ধৰ্মাৱলম্বী লোকৰ ওপৰত আক্ৰমণ কৰাৰ বিধান নাই, কিন্তু নিজৰ জাতি ৰক্ষাৰ নামত এনেকুৱা কিছুমান বিধান আছে, যি আইন ধৰ্মাৱলম্বীলোকৰ কাৰণে অপমানজনক।
ইছলামৰ ধৰ্মীয় বিধানতো অইন ধৰ্মাৱলম্বীলোকক প্ৰত্যক্ষভাবে ঘিণ কৰাৰ বিধান নাই। কিন্তু এনেকুৱা কিছুমান নীতি-নিৰ্দ্দেনা আছে যিবোৰক অইন ধৰ্মাৱলম্বীলোকে সন্দেহৰ চকুৰে চায়। যেনে- কিছু সংখ্যক গোড়া মুছলমানে ইছলামিক ৰাষ্ট্ৰক ‘দাৰুল ইচলাম’ অৰ্থাৎ শান্তিৰ দেশ আৰু অনাইছলামিক ৰাষ্ট্ৰক ‘দাৰুল হৰব’ অর্থাৎ যুদ্ধৰ দেশ বুলি অভিহিত কৰে । সেয়েহে অনাইছলামিকসকলে মুছলমানসকলৰ এই মনোভাৱক সন্দেহৰ চকুৰে চায়। ইছলামী আদর্শত দেশপ্রেমক ইমানৰ অংগ বুলি ধৰা হয়। সেয়ে উপৰোক্ত ভাষ্য ইছলামী আদৰ্শৰ পৰিপন্থী। যিখন দেশত বসবাস কৰা হয় সেইখন দেশৰ প্ৰতি আনুগত্য প্রকাশৰ কাৰণেও ইছলাম নিৰ্দ্দেশ দিছে। তথাপিও এই ভাষ্যই অইন ধৰ্মাৱলম্বী লোকৰ মনত সন্দেহৰ উদ্ৰেক কৰে । আৰু উদ্ৰেক হোৱাটো স্বাভাৱিকো। এজন মুছলমান আন এজন মুছলমানৰ অধীনত থাকিব নোৱাৰে। এজন মুছলমান আন এজন মুছলমানৰ প্ৰতি সহানুভূতিশীল। (এই কথাৰ সত্যতা সম্প্ৰতি নাই যেন লাগে।) এই সহানুভূতিশীলতাই মুছলিম জগতখনক ঐক্যৰ এনাজৰীৰে বান্ধি ৰাখিছে। এই ঐক্যৰ বলতেই মুছলমানসকল এটা সময়ত বিশ্বৰ মাজত শক্তিশালী জাতি ৰূপে পৰিগণিত হৈছিল। যাৰ ফলত মুছলমানসকল বিশ্বৰ বুকুত সুশিক্ষিত শক্তিশালী জাতি হিচাপে আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছিল। ধৰ্মৰ ক্ষেত্ৰত গোড়ামী থকা সত্ত্বেও ধৰ্ম প্ৰচাৰ কৰিবলৈ বিভিন্ন দেশলৈ গৈ শিল্প-সংস্কৃতিৰ বীজ বহন কৰি আনিছিল। চীনৰপৰা লৈ আহিছিল দিকদর্শন যন্ত্র। শিকিছিল চৈনিক কাগজ আৰু বাৰুদ শিল্প। শিল্প-সংস্কৃতিৰ লগতে নৌবিদ্যা আৰু সামৰিক বিদ্যাতো আৰবসকল উন্নত আছিল। ফলত তেওঁলোকে ধৰ্ম প্ৰচাৰৰ লগে লগে দেশ জয়ো কৰিছিল। ভাৰতবৰ্ষলৈ তেওঁলোকৰ তেনেকৈয়ে আগমন হৈছিল। কিন্তু প্রশ্ন জাগে, সংখ্যালঘু জাতি এটাই কেনেকৈ সংখ্যাগুৰু জাতি এটাক শাসন কৰিছিল? সাত আঠশ বছৰ সংখ্যাগুৰু হিন্দু আৰু সংখ্যালঘু মুছলমান একেলগে বসবাস কৰিছিল কেনেকৈ? ইয়াৰ কাৰণ হ'ল, মুছলমানসকলে দেশ শাসন কৰিছিল আৰু মুছলমানসকল অমুছলমানতকৈ শক্তিশালী আছিল। ফলত হিন্দুসকলে মুছলমানসকলৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। অমুছলমানসকলে মুছলমানসকলৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ আন এটা কাৰণ আছিল--মুছলমানসকল প্ৰথমাৱস্থাত ভাৰতবৰ্ষ শাসন কৰিবলৈ অহা নাছিল, আহিছিল ভাৰতবৰ্ষৰ ঐশ্বৰ্য-বিভূতিৰ কথা শুনি লুট-পাত কৰিবলৈহে । স্থায়ী বাবে শাসন প্ৰতিষ্ঠাৰ কথা ভবা নাছিল। সেয়ে ভাৰতীয় হিন্দুই তেওঁলোকক ধৰ্মীয় সম্প্ৰদায়ৰ আধাৰত চিহ্নিত কৰা নাছিল; লুণ্ঠনকাৰী হিচাপেহে চিহ্নিত কৰিছিল।
ইয়াৰ মাজতে যিসকল বিদেশী শাসকে ভাৰতবৰ্ষত
শাসন কার্য চলাইছিল তেওঁলোক প্ৰকৃতাৰ্থত নিজৰ ইচ্ছাত ভাৰতবৰ্ষলৈ অহা নাছিল; বৰং
তেওঁলোকক আমন্ত্ৰণ কৰিহে অনা হৈছিল। ভাৰতৰ ৰজাসকলৰ অৰিয়া-অৰি আৰু স্বেচ্ছাচাৰিতাৰ
ফলত কিছু কিছু ৰাজকর্মচাৰী ও প্রজা সময়ে সময়ে অতিষ্ঠ হৈ বিদ্ৰোহ ঘোষণা কৰিছিল
আৰু সেই বিদ্ৰোহী ৰাজকৰ্মচাৰী আৰু প্রজাসকলে বিদেশী শাসকসকলক আমন্ত্ৰণ কৰি আনিছিল।
বিদেশী শাসকসকলে শাসনৰ বাঘজৰী চম্ভালিয়ে উপলব্ধি কৰিব পাৰিছিল যে, সংখ্যালঘু
সম্প্রদায় এটাই সংখ্যাগুৰু সম্প্রদায় এটাক শাসন কৰিবলৈ হ'লে
সিহঁতৰ ৰীতি-নীতি, ভাষা-সংস্কৃতি তথা ধৰ্মৰ প্ৰতি উদাৰ নীতি
অৱলম্বন নকৰিলে শাসন কার্য চলোৱাটো সম্ভৱ নহ'ব। সেয়ে মুছলমান শাসকসকলে ধৰ্মৰ দৰে
স্পর্শকাতৰ বিষয়ৰ ওপৰত হস্তক্ষেপ কৰা নাছিল; বৰং ধৰ্মৰ বাহিৰে আন বহুতো আচাৰ-আচৰণ, ভাষা-সংস্কৃতি
গ্ৰহণ কৰিবলৈ যত্নহে কৰিছিল। যাৰ ফলত উদ্ভৱ হৈছিল হিন্দী আৰু পাৰ্চীৰ সংমিশ্ৰণত
উদ্ভূত উমৈহতীয়া উর্দু ভাষা। আনহাতে হিন্দুসকলে নির্বিবাদে নিজৰ ধৰ্ম, আচাৰ-অনুষ্ঠান
আদি পালন কৰিব পাৰিছিল। মহামতি আকবৰে নিজৰ প্রাসাদতে ৰাজপুত জীয়াৰী যোধাবাঈক নিজৰ
ধৰ্মাচৰণ কৰাৰ সুবিধা দিয়াৰ মূলতো এই মনোভাৱৰে প্ৰতিফলন ঘটিছিল।
তেতিয়া হিন্দু ব্ৰাহ্মণসকলৰ প্ৰাধান্য বৰ
বেছি আছিল। তেওঁলোকে সাধাৰণ কথাতে জাতিচ্যুত বা ধৰ্মচ্যুত কৰাটো আছিল সাধাৰণ ঘটনা
। গতিকে বহুতো হিন্দুই বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু নিম্নবৰ্ণৰ হিন্দুই
ব্ৰাহ্মণসকলৰ আচৰণত অতিষ্ঠ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। এই ধৰ্মান্তকৰণ মাথোন
বংগতে হোৱা নাছিল, ভাৰতৰ অন্যান্য প্ৰদেশতো হৈছিল। পঞ্জাৱৰ গাঁও
অঞ্চলৰ বহু মুছলমানক এতিয়াও জাতি হিচাপে পৰিচয় সুধিলে নিজক জাঠ, ৰাজপুত, আবন
নাইবা গাক্কাৰ বুলি পৰিচয় দিয়া দেখা যায়। ভাৰতৰ পঁচাশী শতাংশ মুছলমানেই এনেকুৱা
ধৰ্মান্তৰিত মুছলমান। লক্ষ্য কৰিলে দেখা যায় যে, ভাৰতবৰ্ষৰ সকলো ঠাইতে ধৰ্মান্তৰিত মুছলমানসকলে
ইছলামৰ বিধি-বিধানৰ লগতে বহু হিন্দু আচাৰ-পৰম্পৰা পালন কৰে। ইছলাম ধৰ্ম গ্ৰহণ
কৰিলেও লোকাচাৰ, দৈনন্দিন উৎসৱ-পাৰ্বণ এনেকি পূজা-পাৰ্বণতো
পৰোক্ষভাবে অংশ গ্ৰহণ কৰে। তদুপৰি হিন্দু ৰজাসকলৰ শাসন কালত প্রজা সাধাৰণ সততে
বিদেশী আক্রমণকাৰীৰ অত্যাচাৰ, উৎপীড়নৰ
বলি হ'ব
লগা হৈছিল। কিন্তু বিদেশীসকলে স্থায়ীভাবে শাসনভাৰ চম্ভালাৰ পাছত হিন্দুসকল সেই
অন্যায়-অত্যাচাৰৰপৰা ৰক্ষা পৰিছিল। যাৰ ফলত পুনৰ যাতে অন্যায়-অত্যাচাৰৰ সন্মুখীন
হ'ব
লগা নহয় তাৰ বাবে পাৰস্পৰিক ভাৱ আদান-প্ৰদানৰ জৰিয়তে উভয় সম্প্রদায়
শান্তিপূর্ণ সহাৱস্থানৰ বাবে আগ্ৰহী আছিল ।
ইয়াৰ উপৰিও তেতিয়াৰ মুছলমানসকলৰ দৰে
হিন্দুসকলো এতিয়াৰ দৰে গোড়া নাছিল। কাৰণ হিন্দু সভ্যতাৰ প্রাচীন গৌৰৱ গাঁথা
সাধাৰণ শ্রেণী হিন্দুৰ মাজত তেতিয়াও এতিয়াৰ দৰে সিমান জনপ্ৰিয় হ'বপৰা
নাছিল। হিন্দু ব্ৰাহ্মণ পণ্ডিতসকলৰ মাজতে সেই গৌৰৱ গাঁথা সীমাৱদ্ধ আছিল। গতিকে
হিন্দু সংস্কৃতি লোপ পোৱাৰ আশংকাত হিন্দুই মুছলমানৰ আচাৰ, ভাষা-সংস্কৃতি
পোচাক-পৰিচ্ছদ, শিল্প-ক’লা আদি গ্ৰহণ কৰিবলৈ ভয় কৰা নাছিল। ফলত
ভাষা-সংস্কৃতি আদান- প্ৰদানৰ জৰিয়তে উভয় সম্প্ৰদায়ৰ মাজত সৌহৃদ্যৰ বাতাৱৰণ
সৃষ্টি হৈছিল । হিন্দুৰ হিন্দুত্ব আৰু মুছলমানৰ মুছলমানত্ব ৰক্ষাৰ কাৰণে হিন্দু
ব্ৰাহ্মণ আৰু মৌলবীসকল আছিল যদিও অসূচল যোগাযোগ ব্যৱস্থাৰ কাৰণে তেওঁলোক সাধাৰণ
শ্ৰেণী মানুহৰ কাষ চাপিবপৰা নাছিল। সমাজৰ উচ্চস্তৰতে তেওঁলোকৰ প্ৰাধান্য সীমিত
আছিল।
ব্ৰিটিচ শাসনৰ প্ৰথমাৱস্থাতো হিন্দু-মুছলমানৰ
মাজত ঐক্য-সম্প্ৰীতি অটুট আছিল আৰু উভয় সম্প্রদায়ে তলে তলে ব্ৰিটিচৰ বিৰুদ্ধে
সংঘৱদ্ধ হৈছিল। ১৮৫৭ চনৰ চিপাহী বিদ্রোহই ইয়াৰ উৎকৃষ্ট উদাহৰণ। অষ্টাদশ
শতাব্দীলৈকে এই সম্প্রীতি অটুট আছিল । কাৰণ অষ্টাদশ শতাব্দীলৈকে বেদৰ বাণীসমূহ
সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় হ'বপৰা নাছিল । কাৰণ তেতিয়া বেদৰ বাণীসমূহ মুখে
মুখে প্ৰচলিত হৈ থকাৰ কাৰণে সেইবোৰ ব্ৰাহ্মণ পণ্ডিতসকলৰ মাজতে সীমাৱদ্ধ হৈ আছিল ।
তদুপৰি ৰামায়ণ, মহাভাৰত সংস্কৃত ভাষাত ৰচিত কাৰণে সাধাৰণ
মানুহে ইয়াৰ ৰস্বাদন কৰিবপৰা নাছিল। অষ্টাদশ শতাব্দীত বেদৰ বাণীসমূহ মুদ্রিত হয়
আৰু জন সাধাৰণে ইয়াৰ সাৰমৰ্ম উপলব্ধি কৰাৰ সুযোগ পায়। লগে লগে হিন্দুসকল অধিক
পৰিমাণে হিন্দু ভাৱাপন্ন হৈ উঠে আৰু হিন্দুৰ সমান্তৰালভাবে মুছলমানসকলো
প্ৰতিযোগিতামূলক মনোভাবেৰে অধিক পৰিমাণে মুছলমান ভাৱাপন্ন হৈ উঠে। ফলত
হিন্দু-মুছলমানৰ মাজত ব্যৱধান বৃদ্ধি পায় আৰু উভয় সম্প্রদায় সাম্প্রদায়িক
মনোভাৱাপন্ন হৈ উঠে। এই সাম্প্রদায়িক মনোভাৱত ব্ৰিটিচসকলেও ইন্ধন যোগাইছিল। কাৰণ
তেওঁলোক আছিল অতি সুচতুৰ জাতি। তেওঁলোকে লক্ষ্য কৰিছিল যে, দুই
বৃহৎ সম্প্রদায় হিন্দু-মুছলমানৰ মাজত ব্যৱধান সৃষ্টি কৰিব নোৱাৰিলে সৰহ দিন
ভাৰতবৰ্ষ শাসন কৰা অসম্ভৱ। সেয়ে তেওঁলোকে ৰাজনৈতিক
কাৰণতে হিন্দু-মুছলমানৰ মাজত ব্যৱধান সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিছিল । কাৰণ
হিন্দু-মুছলমানৰ ব্যৱধানৰ মাজতে তেওঁলোকৰ সাম্ৰাজ্যৰ স্থায়ীত্ব নিৰ্ভৰ কৰিছিল।
কিয়নো তেওঁলোকে অতি অন্যায় ভাবে ষড়যন্ত্ৰৰ সহায়ত এই দেশ অধিকাৰ কৰিছিল আৰু
তেওঁলোকৰ নিষ্ঠুৰ শাসন-শোষণত দেশৰ মানুহৰ জীৱন দুর্বিষহ হৈ উঠিছিল। ভূতৰ ওপৰত দানহ
পৰাদি দেশত কে’বাটাও দুৰ্ভিক্ষ হৈ গৈছিল আৰু সেই দুৰ্ভিক্ষৰ
তাণ্ডৱত বহু মানুহ মৃত্যুমুখত পৰিছিল। বংগত এই দুৰ্ভিক্ষৰ তাণ্ডৱ আছিল অতি ভয়াৱহ।
একমাত্ৰ ছিয়াত্তৰ (১৭৭৫-৭৬)ৰ দুৰ্ভিক্ষৰ ফলতে বংগৰ এক তৃতীয়াংশ মানুহ মৃত্যুমুখত
পৰিছিল। এই অপকীৰ্ত্তিৰ ওপৰত পৰ্দা দিয়াৰ কাৰণে ব্ৰিটিচসকলে তেওঁলোকৰ তাবেদাৰ
লেখকৰ জৰিয়তে প্ৰচাৰ চলাইছিল যে, মুছলমান শাসন কালত নানা প্ৰকাৰে অত্যাচাৰিত হৈ
হিন্দুসকল ধ্বংসৰ মুখলৈ গতি কৰিছিল। ব্রিটিচসকলে এই দেশ অধিকাৰ নকৰিলে তেওঁলোকৰ
অৱস্থা আৰু অধিক শোচনীয় হ'লহেঁতেন। তেওঁলোকেহে হিন্দুসকলক উদ্ধাৰ কৰিছে।
এই প্ৰসংগত কর্নিংহামৰ হিষ্ট্রি অফ শিখচ্, ডাফৰ হিষ্ট্রি অফ মাৰাঠাচ (১৮২৬) আৰু টডৰ
এনালাইচিচ এণ্ড এণ্টিকুইটিচ অফ ৰাজস্থান (১৮২৯-৩২) আদি গ্রন্থ বিশেষভাবে
উল্লেখযোগ্য। মুছলমান শাসকসকলে হিন্দু প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰ-উৎপীড়নৰ
কিছুমান মনেগঢ়া কাহিনী ইয়াত সন্নিৱিষ্ট কৰা হৈছিল আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে
সেইবোৰ প্ৰচাৰ কৰি হিন্দুসকলক মুছলমান বিদ্বেষী কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। এই
ক্ষেত্ৰত ব্ৰিটিচসকল সফলো হৈছিল। এইসমূহ গ্ৰন্থৰ উপাদানৰ জৰিয়তে যিসকল বাঙালী
সাহিত্যিকে নাটক, কাব্য-উপন্যাস ৰচনা কৰিছিল তেওঁলোকেও
সাম্প্রদায়িক মনোভাৱৰ পৰিচয় দিছিল। হিন্দু অভিজাত শ্রেণীৰ এটা অংশ ব্ৰিটিচসকলৰ
কৌশলগত সৃষ্ট কূট-কৌশলী মনোভাৱৰ দ্বাৰা ইমানেই আকৃষ্ট হৈছিল যে, তেওঁলোকে
পত্র-পত্ৰিকাত সততে এই মনোভাৱকে ব্যক্ত কৰিছিল। ১৮৭০ চনত সোমপ্রকাশ পত্ৰিকাত লেখা
হৈছিল- ‘মুছলমান
ৰাজত্বকালত প্ৰজাসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ ও পীড়ন চলোৱা হৈছিল, এতিয়া
সেইবোৰ অত্যাচাৰৰ কথা শুনিলেও হৃদকম্প উপস্থিত হয় ।......সেই হিচাপে ব্ৰিটিচ
ৰাজ্যক ৰামৰাজ্য বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব।' (উৎস-
হিন্দু-মুছলমানৰ সম্পৰ্ক ভাল কৰাৰ উপায়।
এইদৰে হিন্দু পুনৰ্জ্জীৱনবাদৰ উদ্ভৱ হয়।
হিন্দু প্রীতি ক্ৰমে হিন্দুত্ব প্ৰীতিৰ মাধ্যমত সাম্প্ৰদায়িকতালৈ পৰ্যবসিত হয়।
ৰাজনাৰায়ণ, নৰগোপাল মিত্ৰৰ উদ্যোগত আৰু ক্ৰমে দেবেন্দ্ৰনাথ, দ্বিজেন্দ্রনাথ
ও গণেন্দ্রনাথৰ সহযোতিতাত ১৮৬৭ চনত স্থাপিত হয় হিন্দুমেলা বা জাতীয় মেলা। ইয়াৰ
আগতে স্থাপিত হৈছিল নেচনেল পেপাৰ (১৮৬৫ চন), ইয়াৰ পাছত স্থাপিত হয় জাতীয় সভা (১৮৭০চন)
আৰু জাতীয় বিদ্যালয় (১৮৭২ চন)।
হিন্দুসকলৰ
পুনৰ্জ্জীৱনবাদৰ লগে লগে আৰম্ভ হয় গো-ৰক্ষা আন্দোলন আৰু শিৱাজী উৎসৱ। আৰ্য সমাজৰ
প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীয়ে ১৮৮২ চনত গো-হত্যা নিবাৰণী সভা স্থাপন কৰে।
ভাৰতবৰ্ষৰ অন্যান্য অংশৰ দৰে বংগতো গো-ৰক্ষিণী সভা স্থাপিত হয়। এই সভাৰ সদস্যসকলে
ঘূৰি ঘূৰি গো-ৰক্ষাৰ আদৰ্শ প্ৰচাৰ কৰিছিল। এই সভাৰ প্ৰচাৰত উদ্বুদ্ধ হৈ বহু
জমিদাৰে তেওঁলোকৰ জমিদাৰী এলেকাত গো-হত্যা এনেকি গো-কোৰবানি পর্যন্ত বন্ধ কৰাৰ
বাবে আদেশ দিছিল। ফলত হিন্দু-মুছলমানৰ সম্পৰ্ক অৱনতি হৈছিল।
বাল গংগাধৰ তিলকে ১৮৯৩ চনত মহাৰাষ্ট্ৰত গণপতি
আৰু শিৱাজী উৎসৱ আৰম্ভ কৰে। সখাৰাম গণেশ দেওস্কৰ আৰু কেইজনমান সহযোগিৰ প্ৰচেষ্টাত
বংগত প্ৰথম শিৱাজী উৎসৱ প্ৰৱৰ্তন কৰা হয়। ১৯০২ চনত শিৱাজী উৎসৱ পালন কৰাৰ লগতে
শিৱাজীৰ উপাস্য দেৱী ভৱানীৰ পূজা কৰা হয় ৷ আচলতে মোগল শক্তিৰ বিৰুদ্ধে শিৱাজীয়ে
অংশ গ্ৰহণ কৰা যুদ্ধ আছিল এক ৰাজশক্তিৰ বিৰুদ্ধে আন এক ৰাজশক্তিৰ যুদ্ধ । মোগল
বাহিনীতো হিন্দু সৈন্য ও হিন্দু সেনাপতি আছিল আৰু শিৱাজীৰ বাহিনীতো মুছলমান সৈন্য
আৰু মুছলমান সেনাপতি আছিল। কিন্তু ব্রিটিচসকলে ইতিহাস বিকৃত কৰি মুছলমানৰ
অত্যাচাৰৰ বিৰুদ্ধে শিৱাজীক হিন্দুৰ ৰক্ষাকাৰী আৰু দেৱীৰ বৰপুত্ৰ বুলি প্ৰচাৰ
চলালে। হিন্দু নেতাসকলে সকলো জানিও ব্ৰিটিচৰ চক্ৰান্তৰ বলি হ'ল।
তেওঁলোকে ভাবি নাচালে যে, শিৱাজী যদি হিন্দুৰ ৰক্ষাকাৰীয়ে হ'ব তেনেহ'লে
শিৱাজীৰ উত্তৰাধিকাৰীসকলে হিন্দুৰ ওপৰত পৈচাশিক অত্যাচাৰ চলাইছিল কিয়? কাৰণ
শিৱাজীৰ উত্তৰাধিকাৰীসকল পৰৱৰ্ত্তী পৰ্যায়ত বৰ্গী নামেৰে কুখ্যাত হৈ উঠিছিল আৰু
বংগৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোকৰ অত্যাচাৰ
লুণ্ঠন ইমানেই চৰম পৰ্যায় পাইছিল যে, ক্ৰন্দনৰত ল'ৰা-ছোৱালীক বৰ্গীৰ ভয় দেখুৱাই কন্দা-কটা বন্ধ
কৰাইছিল। সমসাময়িক কবি গংগাৰামে তেওঁৰ ‘মহাপুৰাণ কাব্য’ত মাৰাঠাসকলৰ সেই অসামৰিক আৰু সামৰিক অত্যাচাৰ, হত্যা, লুণ্ঠন, বলাৎকাৰৰ
চিত্ৰ আঁকি থৈ গৈছে। এনেকি ব্ৰিটিচৰ লগত ষড়যন্ত্ৰ কৰি মাৰাঠাসকলে বংগৰ ওপৰত
আধিপত্যও বিস্তাৰ কৰিব খুজিছিল। এইবোৰ কথা পাহৰি হিন্দু নেতাসকলে শিৱাজীক হিন্দুৰ
ৰক্ষাকাৰী হিচাপে প্ৰক্ষেপ কৰি জাতীয় মুক্তিৰ প্ৰতীক হিচাপে শিৱাজী উৎসৱ পালন
কৰিবলৈ ল'লে। আনহাতে মুছলমানসকলে ইয়াক সাম্প্রদায়িক
উৎসৱ হিচাপে আখ্যায়িত কৰিলে। ফলত হিন্দু-মুছলমান সম্পৰ্ক অধিক অৱনতি হ'ল।
হিন্দু জাতীয়তাবাদত উদ্বুদ্ধ হোৱাৰ ফলত ঊনৈছ
শতিকাৰ দ্বিতীয়াৰ্দ্ধত হিন্দু নেতাসকলে হিন্দু-মুছলমান-খ্ৰীষ্টান আৰু অন্যান্য জনগোষ্ঠীকলৈ এক ভাৰতীয় জাতি গঠনৰ
কথা ভাবিবপৰা নাছিল। তেওঁলোকৰ ভাৱনাত মাথোন হিন্দুসকলেই গুৰুত্ব পাইছিল। এই
সংকীৰ্ণ স্বদেশিকতাৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ ঈশ্বৰগুপ্ত, হেমচন্দ্র, নবীন
চন্দ্র প্রভৃতি কবি, জ্যোতিৰিন্দ্ৰনাথ, মনোমোহন, গিৰীশ
চন্দ্ৰ প্রভৃতি নাট্যকাৰ আৰু বংকিম চন্দ্ৰৰ দৰে ঔপন্যাসিকসকলে তেওঁলোকৰ কাব্য, নাটক ও
উপন্যাসৰ জৰিয়তে স্বদেশিকতাৰ নামত হিন্দু-মুছলমান বিৰোধৰ বিষবাষ্প উদ্গীৰণ
কৰিছিল। মাথোন কাব্য, নাটক, উপন্যাসতে নহয়, প্ৰৱন্ধ সমূহতো এই বিদ্বেষে স্থান পাইছিল। ভাৰত
কলংক, পৰাধীন
ভাৰত আদি প্ৰৱন্ধত বংকিম চন্দ্ৰই লেখিছিল- হিন্দু জাতিৰ বাহিৰে পৃথিবীত বেলেগ বহু
জাতি আছে। সিহঁতৰ মংগল মানেই আমালোকৰ মংগল হোৱা সম্ভৱ নহয়। বহুস্থানত সিহঁতৰ
মংগলত আমালোকৰ অমংগল। য'ত সিহঁতৰ মংগলত আমালোকৰ অমংগল, ত’ত
সিহঁতৰ মংগল যাতে নহয়, আমি সেয়াই কৰিম। ইয়াত যদি পৰজাতি পীড়ন কৰিব
লগা হয় সেয়াও কৰিম। (উৎস- হিন্দু-মুছলমানৰ সম্পৰ্ক ভাল কৰাৰ উপায়)। অভিজাত
হিন্দুৰ এই মনোভাৱৰ কাৰণে হিন্দু-মুছলমানৰ সম্পৰ্ক অৱনতি ঘটে আৰু মুছলমানসকল
ৰাজনৈতিক, অর্থনৈতিক, সামাজিককে আদি কৰি সকলো বিষয়ত হিন্দুতকৈ পিছ
পৰি যায়। এই পশ্চাদপদতা দূৰ কৰাৰ কাৰণে বংগ ভংগ অনিবাৰ্য হৈ পৰিছিল। কিন্তু বংগ
ভংগ ৰদ হোৱাৰ ফলত হিন্দু-মুছলমানৰ সম্পৰ্ক অৱনতি হ'বলৈ আৰম্ভ কৰে আৰু দেশ স্বাধীন হোৱাৰ আগলৈ
অৰ্থাৎ ১৯৪৭ চনলৈ হিন্দু-মুছলমান সম্পৰ্ক অৱনতিৰ চৰম পৰ্যায়ত উপনীত হয়। ইয়াৰ
ফলত স্বাধীনতাৰ প্ৰাক্-মুহূৰ্তত ভাৰতবৰ্ষক জৰাসন্ধৰ দৰে ফালি দুখন স্বাধীন ৰাষ্ট্ৰ
গঠন কৰিব লগা হৈছে।
অধিক সংখ্যক ৰাজনৈতিক প্ৰতিনিধি ক্ষমতালিপ্সূ আৰু ভোটাৰসকল সচেতন নোহোৱাৰ কাৰণে স্বাধীনতাৰ সত্তৰ বছৰ পাছতো সাম্প্ৰদায়িকতা পূৰ্বৰ দৰেই পুলি-পোখা মেলি সমাজ জীৱনত নানা আহুকাল সৃষ্টি কৰি আছে।*
নিষিদ্ধ হ’ব পাৰে জাকিৰ নায়েকৰ ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন
বিতর্কিত ইছলামিক প্রবক্তা জাকিৰ নায়েক প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন(আই আৰ এফ)ৰ বিৰুদ্ধে ‘ফৰেইন কন্ট্রিবিউশ্বন ৰেগুলেশ্বন এক্ট- ২০১০ৰ অধীনত বিদেশী অনুদান আইন লংঘনৰ অভিযোগ অনা হৈছে। ভাৰতৰ গৃহমন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনাইছে যে, কোনো এন জি ও বা প্ৰতিষ্ঠানৰ পঞ্জীকৰণ স্থগিত বা বাতিল কৰাৰ আগতে এই ধৰণৰ জাননী জাৰী কৰা হয়। বিগত মাহৰ ১ জুলাইত ঢাকাত সংঘটিত হোৱা সন্ত্রাসী আক্ৰমণৰ ঘটনাৰ লগত জড়িত সন্ত্রাসবাদীসকল জাকির নায়েকৰ ভাষণ শুনি সন্ত্ৰাসবাদৰ প্ৰতি উদ্বুদ্ধ হৈছিল বুলি তথ্য প্রকাশ হোৱাৰ পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে তদন্ত কমিটি গঠন কৰা হৈছে। ৮ আগষ্টতত উক্ত তদন্ত কমিটিয়ে মহাৰাষ্ট্ৰ চৰকাৰক প্রতিবেদন দাখিল কৰিছে।
প্রতিবেদনৰপৰা বিতর্কিত ধর্মগুৰু জাকিৰ নায়েক সম্পর্কে জানিবপৰা গৈছে যে, তেওঁ ডিগ্ৰীস্থিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাতা। ইয়াৰ বাহিৰেও তেওঁৰ আন এটি এডুকেশ্বন ট্রাষ্ট আছে। জাকিৰ নায়েকৰ আন চাৰিটা কোম্পানী থকাৰ কথাও মুম্বাই পুলিচৰ অনুসন্ধানত পোহৰলৈ আহিছে।
সেই কোম্পানী কেইটাৰ সঞ্চালক তেওঁৰ পৰিয়ালৰ সদস্য। পুলিচৰ
অনুসন্ধানত পোহৰলৈ আহিছে যে, জাকিৰ নায়েকৰ লগত
সম্পর্কিত বেংক একাউণ্টত বিগত তিনি বছৰত ৬০ কোটি টকা
জমা কৰা হৈছে। এই টকা বেলেগ বেলেগ তিনিখন দেশৰপৰা আহিছে। নাম প্রকাশত অনিচ্ছুক
এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে, জাকিৰ নায়েকৰ পৰিয়ালৰ পাঁচজন সদস্যৰ
নামত এই টকা জমা কৰা হৈছে। পুলিচ সূত্ৰৰ মতে এই লেনদেনৰ পৰীক্ষা কৰি থকা
হৈছে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে যে,
কি
কাৰণত এই টকা জমা কৰা হৈছে এতিয়ালৈকে তেওঁলোকে সেই তথ্য উদ্ঘাটন কৰিবপৰা নাই।
বিষয়াজনে এই কথাও স্পষ্ট কৰিছে যে, বেংকৰ পাছবুকবোৰ কোনো
এন জি ওৰ লগত সম্পর্কিত নহয়, সেয়া জাকিৰ নায়েকৰ
নিজস্ব। এই বিষয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্বীৰ বাহিৰে
বেলেগ সদস্যক জেৰা কৰা হোৱা নাই। আৰক্ষীয়ে ইনকাম টেক্স বিভাগৰপৰা এই
কোম্পানীকেইটাৰ বিশদ বিৱৰণ বিচাৰিছে। ‘কোম্পানীৰ ফাণ্ড ক’ৰপৰা আহে, ধৰ্ম
পৰিৱৰ্ত্তনৰ কাৰণে এইবোৰ কোম্পানীৰপৰা ফাইনেন্স কৰা হয় নেকি’ এই বিষয়ে সম্পূর্ণ তথ্য
জনাৰ পাছতহে পৰিয়ালৰ সদস্যসকলক জেৰা কৰা হ’ব।
বিগত মাহত কেৰালা আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী আৰ্শিদ কুৰেশ্বীক গ্ৰেপ্তাৰ কৰিছিল। জেৰাৰ সময়ত তেওঁ কৈছে যে, ধৰ্ম পৰিৱৰ্ত্তন কৰা লোকক এই আই আৰ এফৰ পৰা ফাইনেন্স কৰা হয়। মুম্বাই কংগ্ৰেছে মহাৰাষ্ট্ৰ চৰকাৰক বিতর্কিত ধর্মগুৰু জাকিৰ নায়েকৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বন জানাইছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডবীচে কৈছে যে, জাকির নায়েকৰ ভাষণ বিষাক্ত আৰু তেওঁৰ ভাষণে দেশত সাম্প্রদায়িক হিংসা বিয়পাইছে। কংগ্ৰেছ নেতা পি এন পুণিয়াই কৈছে, জাকিৰ নায়েকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে পোৱা সকলো তথ্য প্রকাশ আৰু ৰাজহুৱা কৰা উচিত। লগতে সম্পূর্ণ বিচিক্ষণতা প্ৰয়োগ কৰি জাকিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।
জাকিৰ নায়েকৰ বিৰুদ্ধে পর্যাপ্ত সাক্ষ্য-প্রমাণ পালে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কংগ্ৰেছ ‘স্পোকপাৰ্চন’ প্রিয়ংকা চতুর্বেদীয়েও দাবী কৰিছে। তেওঁ আৰু কৈছে, আমি দেখি আছো যে, জাকিৰ নায়েকৰ ক্ষেত্ৰত গৃহ মন্ত্রণালয়ৰ তৰফৰপৰা ৰাজনীতি কৰি থকা হৈছে। এফালে গৃহ মন্ত্রণালয়ে জাকিৰ নায়েকৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য পোৱা নাই বুলি কৈ আছে আৰু আনফালে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য কৰি আছে। দেৱেন্দ্ৰ ফাণ্ডাবীচে মংগলবাৰদিনা মিডিয়াৰ লগত কথা পতাৰ সময়ত কৈছে যে, জাকিৰ নায়েক যদি দেশলৈ প্ৰত্যাৱৰ্ত্তন নকৰে তেনেহ'লে তেওঁৰ প্ৰত্যাৱৰ্ত্তনৰ বাবে দাবী জনোৱা হ’ব। সম্প্রতি মুম্বাই আৰক্ষীয়ে আন আন অনুসন্ধান এজেঞ্চীৰ লগত একলগ হৈ জাকিৰ নায়েকৰ ফাউণ্ডেশ্বনে লাভ কৰা অনুদানৰ টকা আৰু তেওঁৰদ্বাৰা পৰিচালিত এটি এন জি ওৰ অনুসন্ধান কৰি আছে।
জাকিৰ নায়েকৰ
দ্বাৰা প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ কিছু টেলিগ্ৰাম সন্ত্রাসবাদী
সংগঠনৰ লগত সম্বন্ধিত বুলি দাবী কৰা হৈছে। মুম্বাইৰ
২৬/১১ৰ সন্ত্রাসী আক্ৰমণৰ ‘মাষ্টাৰ মাইণ্ড’ হাফিজ ছঈদৰ লগত জাকিৰ নায়েৰ ফাউণ্ডেশ্বনৰ সম্বন্ধ থকাৰ কথাও পোহৰলৈ আহিছে। ৮ আগষ্ট মংগলবাৰে দাখিল কৰা প্ৰতিবেদনত মুম্বাই আৰক্ষীয়ে আই আৰ এফৰ সদস্যই মুম্বাইৰ এজন যুৱকক আইএছআইএছত যোগদানৰ বাবে উদ্বুদ্ধ কৰিছিল বুলি প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীৰ প্ৰতিবেদনত নিষিদ্ধ কে’বাটাও সংগঠনৰ লগত জাকিৰ নায়েকৰ সংগঠন আই আৰ এফৰ সম্বন্ধ থকা বুলি পর্যাপ্ত সংকেত আছে। জামাত-উদ-দাৱাৰ ওৱেভচাইটত আই আৰ এফক ধাৰ্মিক শিক্ষাৰ কাৰণে তালিকাভূক্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
জামাত-উদ-দাৱা সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সহকাৰী প্ৰতিষ্ঠাপক হাফিজ ছৈয়দে গঠন কৰিছিল। আই আৰ এফে দক্ষিণ এচিয়াৰ একমাত্ৰ সংগঠন যাৰ নাম জামাত-উদ-দাৱাৰ ওৱেভচাইটত আছে। ৰাষ্ট্ৰ সংঘই ২০১০ চনতে জামাত-উদ-দাৱাক সন্ত্রাসবাদী সংগঠন বুলি ঘোষণা কৰিছিল।
মুম্বাইৰ আশ্বফাক আৰু কেৰালাৰ প্ৰায় ২০ জন যুৱকক আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই আৰ এফৰ লগত সম্পর্কিত তিনিজন লোকক ইতিমধ্যে শাস্তি প্রদান কৰা হৈছে। আই আৰ এফৰ গতিবিধিৰ ওপৰত তদন্ত কৰি মুম্বাই আৰক্ষীয়ে ৭১ পৃষ্ঠাৰ এখন প্রতিবেদন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্রতিবেদনখনত জাকিৰ নায়েকৰ ভাষণ নিষিদ্ধ কৰাৰ ভাবে চুপাৰিছ্ কৰা হৈছে। ক্ষীৰ মতে জাকির নায়েক উত্তেজিত ভাষণ শুনি কে’বাজনো যুৱক সন্ত্রাসবাদৰ প্ৰতি আকৰ্ষিত হৈছে।
প্রতিবেদন অনুসৰি ৪০০-৫০০ জন মানুহৰ ধৰ্ম পৰিৱৰ্ত্তনৰ আঁৰত জাকিৰ নায়েকৰ হাত আছিল। মুম্বাই আৰক্ষীয়ে এই প্রতিবেদনখন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্ৰতিবেদনখনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত যৌথভাবে আলোচনা কৰি জাকিৰ নায়েক আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
মংগলবাৰ
দিনা প্রতিবেদনখন প্ৰকাশ হোৱাৰ পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে অনা সকলো অভিযোগ আই
আৰ এফৰ ফালৰপৰা নাকচ কৰা হৈছে। ফাউণ্ডেশ্বনৰ ফালৰ
পৰা দিয়া বিবৃতিত কোৱা হৈছে, ‘আই আৰ এফে’ ইয়াকে ক’ব
খোজে যে, সকলো অভিযোগ ভুল আৰু
ভিত্তিহীন। জাকিৰ নায়েকৰ পৰিয়ালে শান্তি আৰু
সৌহৃদ্য অটুট ৰখাত বিশ্বাসী আৰু এয়া দহক ব্যাপী কৰি আহিছে।' বিদেশৰপৰা অহা অনুদানৰ কোনো অবৈধ
লেন-দেন নহয়। টকাবোৰ বগা টকা হিচাপে বেংক একাউণ্টলৈ
আহে আৰু ইয়াৰ নথী (ৰেকৰ্ড)সমূহ যথাযথভাবে সংৰক্ষণ হয়। ইয়াৰ সকলো ৰেকৰ্ড ইনকাম
টেস্ক বিভাগে ২০১৫ চনলৈকে পৰীক্ষা কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ
লগত যৌথভাবে আলোচনা কৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে জাকিৰ নায়েকৰ বিৰুদ্ধে আইনী
ব্যৱস্থা গ্ৰহণ কৰিব। অনাগত দিনত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ
বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে বুলি ধাৰণা
কৰা হৈছে। ধৰ্ম পৰিৱৰ্ত্তন আৰু আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত
আৰ্শীদ কুশ্বেীক বিগত মাহত অনুসন্ধান এজেঞ্চীয়ে গ্রেপ্তাৰ কৰাৰ পাছত ধৰ্ম
পৰিৱৰ্ত্তনৰ ফাণ্ড আই আৰ এফৰ ফালৰপৰা প্ৰদান কৰা হয় বুলি
আৰ্শ্বিদ কুৰেশ্বীয়ে স্বীকাৰ কৰিছিল। মুম্বাই আৰক্ষীৰ কমিচনাৰ দত্তাত্ৰয়
পডচালগীকৰে মংগলবাৰে সংবাদ মাধ্যমক প্রতিবেদনৰ সবিশেষ দিবলৈ অস্বীকাৰ
কৰিছে। তেওঁ কৈছে-‘আমি আইন বিশেষজ্ঞসকলৰ
পৰা এই বিষয়ে পৰামৰ্শ ল'ম আৰু মুখ্যমন্ত্ৰীৰ
আদেশৰ পাছত পৰৱৰ্ত্তী কাৰ্যব্যৱস্থা গ্রহণ কৰিম।' ৭১ পৃষ্ঠাৰ প্ৰতিবেদনত কোৱা হৈছে যে, জাকিৰৰ নায়েকৰ ভাষণে ধৰ্ম সম্বন্ধে
মানুহৰ মূৰত পূৰ্বাগ্রহ সৃষ্টি কৰাৰ লগতে ধাৰ্মিক সৌহৃদ্য বিনষ্ট আৰু
গোড়ামী বিয়পোৱাত সহায় কৰে।
প্রতিবেদনখনৰ দুই
নম্বৰ পৃষ্ঠাত ১০ টা পইণ্টৰ জৰিয়তে নিষ্কষ (ভূমিকা) লেখা হৈছে। মুম্বাই আৰক্ষীয়ে
জাকিৰ নায়েক আৰু তেওঁৰ সংস্থা আই
আৰ এফৰপৰা ৩০ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে। সোমবাৰে এই সন্দৰ্ভত
জাননী জাৰী কৰা হৈছে। বিদেশী অনুদানৰপৰা সংগ্ৰহ কৰা টকা ৰাজনৈতিক আৰু
ধৰ্মীয় গোড়ামী বিয়পোৱাৰ কাৰণে ব্যৱহাৰ কৰা বুলি চৰকাৰ আই আৰ এফৰ বিৰুদ্ধে অভিযোগ
আনিছে। ইয়াৰ আগতে ধৰ্ম পৰিৱৰ্ত্তন আৰু আইছিছত ভৰ্ত্তি
কৰোৱাৰ অভিযোগত আই আৰ এফৰ চাৰিজন কৰ্মচাৰীৰ বিৰুদ্ধে নাগপাড়া পুলিচ ষ্টেচনত এফ আই
আৰ দাখিল কৰা হৈছিল। এই চাৰিজনৰ ভিতৰত আই আৰ
এফৰ কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্ৰী আৰু ৰিজৱান শ্বেখৰ নাম উল্লেখযোগ্য। এওঁলোকৰ
বিৰুদ্ধে অভিযোগ অনা হৈছে যে, এওঁলোকে
২১ জন যুৱকক আইএছআইএছত যোগদানৰ বাবে উৎসাহিত কৰিছিল। ইয়াৰে এটা অভিযোগ কোলাৰপৰা
নিৰুদ্দেশ হোৱা ২২ বছৰীয়া আশ্বফাক আব্দুল মজিদৰ
পিতৃৰ অভিযোগৰ ভিত্তিত দাখিল কৰা হৈছে। আশ্বফাকৰ পিতৃয়ে আইএছআইএছত ভৰ্ত্তি হোৱাৰ
বাবে তেওঁৰ পুতেকক
উৎসাহিত কৰিছিল বুলি এওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিছে।
গতিকে জাকিৰ নায়েকৰ
সংস্থা অনাগত দিনত নিষিদ্ধ হ’ব পাৰে বুলি ধাৰণা
কৰা হৈছে।
(নৱ ভাৰত টাইম্স আৰু
অন্যান্য উৎসৰপৰা সংগৃহীত।) *
প্রতিবেদনৰপৰা বিতর্কিত ধর্মগুৰু জাকিৰ নায়েক সম্পর্কে জানিবপৰা গৈছে যে, তেওঁ ডিগ্ৰীস্থিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাতা। ইয়াৰ বাহিৰেও তেওঁৰ আন এটি এডুকেশ্বন ট্রাষ্ট আছে। জাকিৰ নায়েকৰ আন চাৰিটা কোম্পানী থকাৰ কথাও মুম্বাই পুলিচৰ অনুসন্ধানত পোহৰলৈ আহিছে।
সেই কোম্পানী কেইটাৰ সঞ্চালক তেওঁৰ পৰিয়ালৰ সদস্য। পুলিচৰ
অনুসন্ধানত পোহৰলৈ আহিছে যে, জাকিৰ নায়েকৰ লগত
সম্পর্কিত বেংক একাউণ্টত বিগত তিনি বছৰত ৬০ কোটি টকা
জমা কৰা হৈছে। এই টকা বেলেগ বেলেগ তিনিখন দেশৰপৰা আহিছে। নাম প্রকাশত অনিচ্ছুক
এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে, জাকিৰ নায়েকৰ পৰিয়ালৰ পাঁচজন সদস্যৰ
নামত এই টকা জমা কৰা হৈছে। পুলিচ সূত্ৰৰ মতে এই লেনদেনৰ পৰীক্ষা কৰি থকা
হৈছে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে যে,
কি
কাৰণত এই টকা জমা কৰা হৈছে এতিয়ালৈকে তেওঁলোকে সেই তথ্য উদ্ঘাটন কৰিবপৰা নাই।
বিষয়াজনে এই কথাও স্পষ্ট কৰিছে যে, বেংকৰ পাছবুকবোৰ কোনো
এন জি ওৰ লগত সম্পর্কিত নহয়, সেয়া জাকিৰ নায়েকৰ
নিজস্ব। এই বিষয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্বীৰ বাহিৰে
বেলেগ সদস্যক জেৰা কৰা হোৱা নাই। আৰক্ষীয়ে ইনকাম টেক্স বিভাগৰপৰা এই
কোম্পানীকেইটাৰ বিশদ বিৱৰণ বিচাৰিছে। ‘কোম্পানীৰ ফাণ্ড ক’ৰপৰা আহে, ধৰ্ম
পৰিৱৰ্ত্তনৰ কাৰণে এইবোৰ কোম্পানীৰপৰা ফাইনেন্স কৰা হয় নেকি’ এই বিষয়ে সম্পূর্ণ তথ্য
জনাৰ পাছতহে পৰিয়ালৰ সদস্যসকলক জেৰা কৰা হ’ব।
বিগত মাহত কেৰালা
আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে ‘আই আৰ এফ’ৰ কৰ্মচাৰী আৰ্শিদ কুৰেশ্বীক গ্ৰেপ্তাৰ
কৰিছিল। জেৰাৰ সময়ত তেওঁ
কৈছে যে,
ধৰ্ম পৰিৱৰ্ত্তন কৰা লোকক
এই আই আৰ এফৰ পৰা ফাইনেন্স কৰা হয়। মুম্বাই কংগ্ৰেছে মহাৰাষ্ট্ৰ চৰকাৰক বিতর্কিত
ধর্মগুৰু জাকিৰ নায়েকৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ
কৰাৰ বাবে আহ্বন জানাইছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডবীচে কৈছে যে, জাকির নায়েকৰ ভাষণ বিষাক্ত আৰু তেওঁৰ
ভাষণে দেশত সাম্প্রদায়িক হিংসা বিয়পাইছে।
কংগ্ৰেছ নেতা পি এন পুণিয়াই কৈছে, জাকিৰ নায়েকৰ
বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে পোৱা
সকলো তথ্য প্রকাশ আৰু ৰাজহুৱা কৰা উচিত। লগতে সম্পূর্ণ বিচিক্ষণতা প্ৰয়োগ কৰি
জাকিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত।
জাকিৰ নায়েকৰ
বিৰুদ্ধে পর্যাপ্ত সাক্ষ্য-প্রমাণ পালে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে
কাৰ্যব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কংগ্ৰেছ ‘স্পোকপাৰ্চন’ প্রিয়ংকা
চতুর্বেদীয়েও দাবী কৰিছে। তেওঁ আৰু কৈছে, আমি দেখি আছো যে, জাকিৰ নায়েকৰ ক্ষেত্ৰত গৃহ
মন্ত্রণালয়ৰ তৰফৰপৰা ৰাজনীতি কৰি থকা
হৈছে। এফালে গৃহ মন্ত্রণালয়ে জাকিৰ নায়েকৰ বিৰুদ্ধে কোনো
ধৰণৰ তথ্য পোৱা নাই বুলি কৈ আছে আৰু আনফালে মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য কৰি
আছে। দেৱেন্দ্ৰ ফাণ্ডাবীচে মংগলবাৰদিনা মিডিয়াৰ লগত কথা পতাৰ
সময়ত কৈছে যে, জাকিৰ নায়েক যদি
দেশলৈ প্ৰত্যাৱৰ্ত্তন নকৰে তেনেহ'লে তেওঁৰ
প্ৰত্যাৱৰ্ত্তনৰ বাবে দাবী জনোৱা হ’ব। সম্প্রতি মুম্বাই
আৰক্ষীয়ে আন আন অনুসন্ধান এজেঞ্চীৰ লগত একলগ হৈ জাকিৰ নায়েকৰ ফাউণ্ডেশ্বনে লাভ
কৰা অনুদানৰ টকা আৰু তেওঁৰদ্বাৰা পৰিচালিত এটি এন জি ওৰ অনুসন্ধান কৰি আছে।
জাকিৰ নায়েকৰ
দ্বাৰা প্রতিষ্ঠিত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ কিছু টেলিগ্ৰাম সন্ত্রাসবাদী
সংগঠনৰ লগত সম্বন্ধিত বুলি দাবী কৰা হৈছে। মুম্বাইৰ
২৬/১১ৰ সন্ত্রাসী আক্ৰমণৰ ‘মাষ্টাৰ মাইণ্ড’ হাফিজ ছঈদৰ লগত জাকিৰ নায়েৰ ফাউণ্ডেশ্বনৰ
সম্বন্ধ থকাৰ কথাও পোহৰলৈ আহিছে। ৮ আগষ্ট মংগলবাৰে দাখিল কৰা
প্ৰতিবেদনত মুম্বাই আৰক্ষীয়ে আই আৰ এফৰ সদস্যই মুম্বাইৰ এজন যুৱকক আইএছআইএছত
যোগদানৰ বাবে উদ্বুদ্ধ কৰিছিল
বুলি প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীৰ প্ৰতিবেদনত নিষিদ্ধ কে’বাটাও সংগঠনৰ লগত জাকিৰ নায়েকৰ সংগঠন
আই আৰ এফৰ সম্বন্ধ থকা বুলি পর্যাপ্ত
সংকেত আছে। জামাত-উদ-দাৱাৰ ওৱেভচাইটত আই আৰ এফক ধাৰ্মিক
শিক্ষাৰ কাৰণে তালিকাভূক্ত কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
জামাত-উদ-দাৱা সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সহকাৰী প্ৰতিষ্ঠাপক হাফিজ ছৈয়দে গঠন কৰিছিল। আই আৰ এফে দক্ষিণ এচিয়াৰ একমাত্ৰ সংগঠন যাৰ নাম জামাত-উদ-দাৱাৰ ওৱেভচাইটত আছে। ৰাষ্ট্ৰ সংঘই ২০১০ চনতে জামাত-উদ-দাৱাক সন্ত্রাসবাদী সংগঠন বুলি ঘোষণা কৰিছিল।
মুম্বাইৰ আশ্বফাক আৰু কেৰালাৰ প্ৰায় ২০ জন যুৱকক আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই আৰ এফৰ লগত সম্পর্কিত তিনিজন লোকক ইতিমধ্যে শাস্তি প্রদান কৰা হৈছে। আই আৰ এফৰ গতিবিধিৰ ওপৰত তদন্ত কৰি মুম্বাই আৰক্ষীয়ে ৭১ পৃষ্ঠাৰ এখন প্রতিবেদন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্রতিবেদনখনত জাকিৰ নায়েকৰ ভাষণ নিষিদ্ধ কৰাৰ ভাবে চুপাৰিছ্ কৰা হৈছে। ক্ষীৰ মতে জাকির নায়েক উত্তেজিত ভাষণ শুনি কে’বাজনো যুৱক সন্ত্রাসবাদৰ প্ৰতি আকৰ্ষিত হৈছে।
প্রতিবেদন অনুসৰি ৪০০-৫০০ জন মানুহৰ ধৰ্ম পৰিৱৰ্ত্তনৰ আঁৰত জাকিৰ নায়েকৰ হাত আছিল। মুম্বাই আৰক্ষীয়ে এই প্রতিবেদনখন মহাৰাষ্ট্ৰ চৰকাৰক দাখিল কৰিছে। প্ৰতিবেদনখনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত যৌথভাবে আলোচনা কৰি জাকিৰ নায়েক আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে।
মংগলবাৰ
দিনা প্রতিবেদনখন প্ৰকাশ হোৱাৰ পাছতে জাকিৰ নায়েকৰ বিৰুদ্ধে অনা সকলো অভিযোগ আই
আৰ এফৰ ফালৰপৰা নাকচ কৰা হৈছে। ফাউণ্ডেশ্বনৰ ফালৰ
পৰা দিয়া বিবৃতিত কোৱা হৈছে, ‘আই আৰ এফে’ ইয়াকে ক’ব
খোজে যে, সকলো অভিযোগ ভুল আৰু
ভিত্তিহীন। জাকিৰ নায়েকৰ পৰিয়ালে শান্তি আৰু
সৌহৃদ্য অটুট ৰখাত বিশ্বাসী আৰু এয়া দহক ব্যাপী কৰি আহিছে।' বিদেশৰপৰা অহা অনুদানৰ কোনো অবৈধ
লেন-দেন নহয়। টকাবোৰ বগা টকা হিচাপে বেংক একাউণ্টলৈ
আহে আৰু ইয়াৰ নথী (ৰেকৰ্ড)সমূহ যথাযথভাবে সংৰক্ষণ হয়। ইয়াৰ সকলো ৰেকৰ্ড ইনকাম
টেস্ক বিভাগে ২০১৫ চনলৈকে পৰীক্ষা কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ
লগত যৌথভাবে আলোচনা কৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে জাকিৰ নায়েকৰ বিৰুদ্ধে আইনী
ব্যৱস্থা গ্ৰহণ কৰিব। অনাগত দিনত ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বনৰ
বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে বুলি ধাৰণা
কৰা হৈছে। ধৰ্ম পৰিৱৰ্ত্তন আৰু আইএছআইএছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত
আৰ্শীদ কুশ্বেীক বিগত মাহত অনুসন্ধান এজেঞ্চীয়ে গ্রেপ্তাৰ কৰাৰ পাছত ধৰ্ম
পৰিৱৰ্ত্তনৰ ফাণ্ড আই আৰ এফৰ ফালৰপৰা প্ৰদান কৰা হয় বুলি
আৰ্শ্বিদ কুৰেশ্বীয়ে স্বীকাৰ কৰিছিল। মুম্বাই আৰক্ষীৰ কমিচনাৰ দত্তাত্ৰয়
পডচালগীকৰে মংগলবাৰে সংবাদ মাধ্যমক প্রতিবেদনৰ সবিশেষ দিবলৈ অস্বীকাৰ
কৰিছে। তেওঁ কৈছে-‘আমি আইন বিশেষজ্ঞসকলৰ
পৰা এই বিষয়ে পৰামৰ্শ ল'ম আৰু মুখ্যমন্ত্ৰীৰ
আদেশৰ পাছত পৰৱৰ্ত্তী কাৰ্যব্যৱস্থা গ্রহণ কৰিম।' ৭১ পৃষ্ঠাৰ প্ৰতিবেদনত কোৱা হৈছে যে, জাকিৰৰ নায়েকৰ ভাষণে ধৰ্ম সম্বন্ধে
মানুহৰ মূৰত পূৰ্বাগ্রহ সৃষ্টি কৰাৰ লগতে ধাৰ্মিক সৌহৃদ্য বিনষ্ট আৰু
গোড়ামী বিয়পোৱাত সহায় কৰে।
প্রতিবেদনখনৰ দুই নম্বৰ পৃষ্ঠাত ১০ টা পইণ্টৰ জৰিয়তে নিষ্কষ (ভূমিকা) লিখা হৈছে। মুম্বাই আৰক্ষীয়ে জাকিৰ নায়েক আৰু তেওঁৰ সংস্থা আই আৰ এফৰপৰা ৩০ দিনৰ ভিতৰত উত্তৰ বিচাৰিছে। সোমবাৰে এই সন্দৰ্ভত জাননী জাৰী কৰা হৈছে। বিদেশী অনুদানৰপৰা সংগ্ৰহ কৰা টকা ৰাজনৈতিক আৰু ধৰ্মীয় গোড়ামী বিয়পোৱাৰ কাৰণে ব্যৱহাৰ কৰা বুলি চৰকাৰ আই আৰ এফৰ বিৰুদ্ধে অভিযোগ আনিছে। ইয়াৰ আগতে ধৰ্ম পৰিৱৰ্ত্তন আৰু আইছিছত ভৰ্ত্তি কৰোৱাৰ অভিযোগত আই আৰ এফৰ চাৰিজন কৰ্মচাৰীৰ বিৰুদ্ধে নাগপাড়া পুলিচ ষ্টেচনত এফ আই আৰ দাখিল কৰা হৈছিল। এই চাৰিজনৰ ভিতৰত আই আৰ এফৰ কৰ্মচাৰী আৰ্শ্বিদ কুৰেশ্ৰী আৰু ৰিজৱান শ্বেখৰ নাম উল্লেখযোগ্য। এওঁলোকৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে, এওঁলোকে ২১ জন যুৱকক আইএছআইএছত যোগদানৰ বাবে উৎসাহিত কৰিছিল। ইয়াৰে এটা অভিযোগ কোলাৰপৰা নিৰুদ্দেশ হোৱা ২২ বছৰীয়া আশ্বফাক আব্দুল মজিদৰ পিতৃৰ অভিযোগৰ ভিত্তিত দাখিল কৰা হৈছে। আশ্বফাকৰ পিতৃয়ে আইএছআইএছত ভৰ্ত্তি হোৱাৰ বাবে তেওঁৰ পুতেকক
উৎসাহিত কৰিছিল বুলি এওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিছে।
গতিকে জাকিৰ নায়েকৰ
সংস্থা অনাগত দিনত নিষিদ্ধ হ’ব পাৰে বুলি ধাৰণা
কৰা হৈছে।
(নৱ ভাৰত টাইম্স আৰু
অন্যান্য উৎসৰপৰা সংগৃহীত।) *
এটি
দেশপ্ৰেমমূলক গীতৰ ইতিহাস
"আয়ে মেৰে ৱাতন কে ল'গ'"
("অ' মোৰ দেশৰ মানুহ") কবি প্ৰদীপজীয়ে হিন্দী
ভাষাত ৰচনা কৰা চি, ৰামচন্দ্ৰৰ সুৰ,
আৰু
গায়িকা লতা মংগেশকাৰে গোৱা এটি দেশপ্ৰেমমূলক গীত । ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত নিহত ভাৰতীয় সৈনিকৰ
স্মৃতিত এই গীতটি গোৱা হৈছিল।
১৯৬২ চনৰ ২১ নৱেম্বৰত ভাৰত-চীন যুদ্ধৰ অৱসান
হৈছিল। যুদ্ধ শেষ হোৱাৰ দুমাহ পাছত ১৯৬৩ চনৰ গণৰাজ্য দিৱসত (২৬ জানুৱাৰী) নতুন
দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণন আৰু
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিতিত কুকিলকণ্ঠী লতা মংগেশকাৰে প্ৰথমবাৰৰ বাবে
গীতটো পৰিৱেশন কৰিছিল।
ভাৰতবৰ্ষৰ
ৰাজহুৱা অনুষ্ঠান আৰু সমাৱেশত প্ৰায়ে পৰিৱেশন কৰা এই গীতটোক "জন গণ মন"
(জাতীয় সংগীত), "বন্দে
মাতৰম" (জাতীয় গীত), আৰু
"সাৰে জাহাঁ ছে আচ্ছা"ৰ সমান্তৰালভাবে অন্যতম জনপ্ৰিয় দেশপ্ৰেমমূলক গীত হিচাপে গণ্য কৰা হয়।
১৯৬২
চনৰ শেষৰ ফালে মুম্বাইৰ মহিম বীচত খোজ কাঢ়ি থকা সময়ত কবি প্ৰদীপে ভাৰত-চীন যুদ্ধৰ
সময়ত মৃত্যু মুখত পৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত "আয়ে মেৰে ৱাতন কে ল’গ'"নামৰ
ঐতিহাসিক গীতটো ৰচনা
কৰিছিল। প্ৰদীপে তেওঁৰ লগত থকা এজন মানুহৰ পৰা এডাল কলম ধাৰেলৈ লৈ চিগাৰেটৰ পেকেট
ফালি লৈ তাত গীতটোৰ আৰম্ভণিৰ স্তৱকটো লিপিৱদ্ধ কৰিছিল। গীতটো লিপিৱদ্ধ কৰাৰ কেইসপ্তাহমানৰ পাছত প্ৰখ্যাত
চিনেমা প্ৰযোজক মেহবুব খানে নতুন দিল্লীৰ নেশ্যনেল ষ্টেডিয়ামত ধন সংগ্ৰহৰ বাবে
অনুষ্ঠিত হ’বলগীয়া
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৰিৱেশনৰ বাবে এটি গীত লিখি দিবলৈ প্ৰদীপৰ কাষ
চাপিছিল। প্ৰদীপে সেই প্ৰস্তাৱ মানি লৈছিল যদিও তেওঁ
তেতিয়া গীতটোৰ সবিশেষ প্ৰকাশ কৰা
নাছিল। মেহবুব খানৰ পৰা আমন্ত্ৰণ পাই তেওঁ গীতটোৰ সংগীত পৰিচালনাৰ বাবে সংগীত
পৰিচালক চি, ৰামচন্দ্ৰক মনোনীত কৰি গীতটি গাবলৈ লতা মংগেশকাৰক লগ ধৰিছিল। কবি প্ৰদীপৰ
কন্যা মিতুলৰ মতে, ৰামচন্দ্ৰ
আৰু লতা মংগেশকাৰৰ মাজত তেতিয়া কিছু ভুল বুজা-বুজি চলিছিল, সেয়ে সংগীত পৰিচালকে গায়িকা
হিচাপে আশা ভোছলেক বাছি লৈছিল। ইফালে প্ৰদীপে অনুভৱ কৰিছিল যে, লতা মংগেশকাৰৰ
বাহিৰে আন কোনোৱে গীতটোৰ লগত ন্যায় কৰিব নোৱাৰিব। সেয়ে তেওঁ ব্যক্তিগতভাৱে লতা
মংগেশকাৰক লগ ধৰি গীতটো গাবলৈ সম্মত কৰাইছিল। আখৰাৰ সময়ত প্ৰদীপ
উপস্থিত থকাৰ চৰ্তত লতা মংগেশকাৰে গীতটো গাবলৈ সন্মতি প্ৰকাশ
কৰিছিল।
লতা
মংগেশকাৰে গীতটোৰ আকাৰ (ফৰ্মেট) এককৰ পৰা ডুৱেটলৈ ৰূপান্তৰিত কৰাৰ কাৰণে পৰামৰ্শ
দিছিল, য’ত তেওঁ আশা ভোচলেক গায়ক হিচাপে ল’বলৈ পৰামৰ্শ দিছিল। আনহাতে প্ৰদীপে গীতটো একক
হিচাপে গোৱাৰ পক্ষপাতি আছিল। লতা
মংগেশকাৰৰ আবদাৰৰ ওচৰত সেও মানি অৱশেষত প্ৰদীপে ডুৱেট গোৱাৰ বাবে সন্মতি প্ৰকাশ
কৰিছিল। সেয়ে আশা ভোচলেও গীতটো
গোৱাৰ বাবে আখৰা কৰিছিল। কিন্তু তেওঁলোকে উৰাজাহাজেৰে দিল্লীলৈ যোৱাৰ কিছু সময়
আগত আশা ভোচলেই অনুষ্ঠানটোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে গীতটোৰ সবিশেষ বাতৰি কাকতত প্ৰকাশ পাইছিল।
সেয়ে লতা মংগেশকাৰে গীতটো গোৱাৰ কাৰণে আশা ভোচলেক সম্মত কৰাবলৈ চেষ্টা কৰিছিল। সমগ্ৰ
প্ৰকল্পটো পৰিচালনা কৰা মহান সুৰকাৰ-গায়ক হেমন্ত কুমাৰেও আশা ভোচলেক গীতটো গোৱাৰ
কাৰণে সম্মত কৰাবলৈ বহু চেষ্টা কৰিছিল,
কিন্তু আশা
ভোচলেই সন্মত হোৱা নাছিল। গতিকে
লতা
মংগেশকাৰে অকলেই গীতটো গাবলগীয়া হৈছিল।
২০১৩
চনৰ জানুৱাৰী মাহত লতা মংগেশকাৰে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ প্ৰথমে এই গীতটো
গোৱাৰ কাৰণে অস্বীকাৰ কৰিছিল, কাৰণ
তেওঁ আখৰা কৰাৰ বাবে পৰ্যাপ্ত সময় পোৱা নাছিল। লতাজীয়ে কৈছিল-"অমৰ গীতটোৰ ৰচক
প্ৰদীপজী (কবি প্ৰদীপ) মোৰ ওচৰলৈ আহি গীতটো গাবলৈ খাটনি
ধৰিছিল। আখৰা কৰিবলৈ পৰ্যাপ্ত
সময় নথকাৰ কাৰণে মই গীতটো
গাবলৈ অস্বীকাৰ কৰিছিলোঁ। কিন্তু প্ৰদীপজীয়ে মোক জোৰ দি ধৰাত অৱশেষত মই সন্মতি
প্ৰকাশ কৰিছিলো। কিন্তু গীতটো পৰিৱেশনৰ আগতে মই অতিশয় নাৰ্ভাছ অনুভৱ কৰিছিলো। দুখৰ বিষয় যে, প্ৰদীপজীক উক্ত অনুষ্ঠানলৈ
আমন্ত্ৰণ জনোৱা নাছিল। প্ৰদীপজী যদি তাত উপস্থিত থাকিলহেঁতেন তেন্তে তেওঁ নিজৰ
চকুৰে চাব পাৰিলেহেঁতেন 'আয়ে মেৰে
ৱাতন কে ল'গ'ৰ দৰ্শকৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছিল।
১৯৬৩
চনৰ ২৬ জানুৱাৰীত লতা মংগেশকাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ষ্টেডিয়াম(খেলপথাৰ)ত
অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত এই গীতটো প্ৰথম পৰিৱেশন কৰিছিল। সিদিনা সেই
অনুষ্ঠানত ৰাষ্ট্ৰপতি
সৰ্বেপল্লী ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অংশগ্ৰহণ কৰিছিল। গীতটো
শুনি জৱাহৰলাল নেহৰুৱে চকুলো টুকিবলৈ বাধ্য হৈছিল। গীতটো শুনি আপ্লুত হৈ নেহৰুৱে কৈছিল
যে, যিসকলে ‘আয়ে
মেৰে ৱাতন কে ল’গ’ৰ পৰা অনুপ্ৰাণিত অনুভৱ নকৰে তেওঁলোক
হিন্দুস্তানী বুলি কোৱাৰ যোগ্য নহয়। তেওঁ লতা মংগেশকাৰক ফোন কৰি ব্যক্তিগতভাৱে কৈছিল-, "বেটা,
আজ
তুমনে মুঝে ৰুলা দিয়া" (আজি তুমি মোক কান্দিবলৈ বাধ্য কৰালা)। সন্ধিয়া জৱাহৰলাল
নেহৰুৰ ঘৰত চাহ পাৰ্টি আছিল। নেহৰুজীয়ে ব্যক্তিগতভাৱে লতা মংগেশকাৰক চাহ পাৰ্টিলৈ মাতিছিল- ‘আজি মোৰ
সন্ধিয়াৰ চাহ-পাৰ্টিলৈ আহিবাচোন।‘ গীতটোৱে তেওঁক ইমানেই
আপ্লুত কৰিছিল যে, লতা মংগেশকাৰক এই কথা কোৱাৰ লগে লগে তেওঁ সেই
ঠাই ত্যাগ কৰি গুচি
গৈছিল।
এই
অনুষ্ঠানত সেনা কল্যাণ পুঁজিৰ বাবে ২ লাখ টকা (২০২৩ চনত ১.৭ কোটি টকা বা ১৯০,০০০ মাৰ্কিন ডলাৰৰ সমতুল্য)সংগ্ৰহ কৰা হৈছিল।
গীতটিৰ গীতিকাৰ প্ৰদীপজীক এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা নাছিল। ১৯৬৩ চনৰ ২১ মাৰ্চত
মুম্বাইৰ আৰ,এম, হাইস্কুলত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰদীপজীয়ে নেহৰুক গীতটোৰ হাতে লিখা
মূল কপি উপহাৰ দিছিল। এই গীতটোৱে বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰপৰা যথেষ্ট
প্ৰশংসা লাভ কৰিছে।
গায়ক, সংগীতজ্ঞ,
সংগীত
পৰিচালক, গীতিকাৰ,
ৰেকৰ্ডিং
ষ্টুডিঅ', শব্দ ৰেকৰ্ডিষ্টকে ধৰি গীতটোৰ সৈতে জড়িত সকলো
শিল্পী আৰু কলা-কুশলীয়ে গীতটোৰ পৰা লাভ কৰা ৰয়েল্টি চিৰদিনৰ বাবে ‘ৱাৰ উইড'ছ ফাণ্ড’লৈ দান কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল। প্ৰদীপৰ শেষ
ইচ্ছা অনুসৰি গীতটোৰ ৰেকৰ্ড বিক্ৰীৰ পৰা পোৱা ৰয়েল্টি ‘যুদ্ধ বিধৱাসকলক’ প্ৰদান
কৰিব লাগিছিল। ২০০৫ চনত বম্বে উচ্চ ন্যায়ালয়ে সংগীত কোম্পানী এইচ, এম, ভিক
গীতটোৰ ৰয়েল্টিৰ পৰা লাভ কৰা ধনৰ পৰা অক্ষম আৰু যুদ্ধ বিধৱাসকলৰ বাবে সেনা কল্যাণ
পুঁজিলৈ এককালীন ধন প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।
চীন-ভাৰত
যুদ্ধত অংশগ্ৰহণ কৰা ব্ৰিগেডিয়াৰ চিত্তৰঞ্জন সাৱন্তে কয় যে, এই গীতটোৱে
সৈন্যসকলক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
২০১৩
চনত গীতটোৰ কথা মনত পেলাই লতা মংগেশকাৰে কয় যে, গীতটো ইমান সফল হ’ব বুলি তেওঁ কেতিয়াও আশা কৰা নাছিল আৰু কয় যে, "যিহেতু ই ছায়াছবিৰ অংশ নাছিল, গতিকে মই ভাবিছিলো যে, ইয়াৰ প্ৰভাৱ সীমিত হ'ব। কিন্তু ‘ইয়ে
মেৰে ৱাতন কে ল'গ' মোৰ চিগনেচাৰ টিউন হৈ পৰিল।মই এই গীতটো
নুগোৱালৈকে মোৰ কোনো শ্ব', কোনো
কনচাৰ্ট বা ইভেণ্ট সম্পূৰ্ণ নহয়।‘ তেওঁ
লগতে কয়, যে প্ৰদীপে গীতটোৰ সফলতাৰ বিষয়ে সদায় নিশ্চিত আছিল আৰু কৈছিল, "মাথোন প্ৰদীপজীয়েহে গীতটোৰ ওপৰত বিশ্বাস ৰাখিছিল। তেওঁ মোক ভৱিষ্যদ্বাণী কৰিছিল- লতা, তুম দেখনা য়েহ গানা বাহোত চলেগা। লোগ হামেছা কে লিয়ে ইছে য়াদ ৰাখেংগে (তুমি
দেখিবা, এই গানটো বহুত চলিব। মানুহে গীতটো সদায় মনত ৰাখিব।
প্ৰদীপজীয়ে মিছা কোৱা নাছিল।গণৰাজ্য দিৱস বা
স্বাধীনতা দিৱসৰ যিকোনো অনুষ্ঠান এই গীতটো নুগোৱালৈকে যেন সম্পূৰ্ণ নহয়।
প্ৰচাৰবিমুখ, নীৰৱ সাহিত্য সাধক আবুল হুছেইনৰ জীৱন পৰিক্ৰমা
বিশ্ববন্ধু
দেৱান (সফিকুল ইছলাম)
প্রাক্তন
ছাত্র, সহঃশিক্ষক, চাংবান্ধা পৰুৱা চৰ প্ৰাথমিক বিদ্যালয়।
বৰপেটা
জিলাৰ বৰপেটা নগৰৰ গাত লাগি থকা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু
হাস্পতাল (FAAMCH) ৰ সমীপত যতিগাঁৱত এগৰাকী প্ৰচাৰবিমুখ প্ৰগতিশীল
ব্যক্তিয়ে নীৰৱে সাহিত্য সাধনা কৰি আছে। তেখেত হৈছে আবুল হুছেইন। তেখেত একেধাৰে
প্ৰবন্ধকাৰ, গল্পকাৰ, নিবন্ধকাৰ,
ঔপন্যাসিক, অনুবাদক, নাট্যকাৰ আৰু
কবি। তেখেত বংগমূলীয় অসমীয়া সাহিত্যিকসকলৰ ভিতৰত অন্যতম। প্ৰথম অৱস্থাত যতিগাঁৱত
তেখেতৰ ঘৰ নাছিল। তেখেতৰ ঘৰ আছিল বৰপেটা জিলাৰ বাঘবৰ পাহাৰৰ এক কিলোমিটাৰ পশ্চিম ফালে
থকা জাহানাৰ পাৰ(দেউলদি) গাঁৱত। ১৯৫৬ চনৰ জুলাই মাহৰ ১ তাৰিখে বাঘবৰ পাহাৰৰ চাৰি
কিলোমিটাৰ পূবে থকা আলীগাঁও নামৰ গাঁৱখনত নানা (মাকৰ দেউতাক)ৰ ঘৰত তেখেতৰ জন্ম
হয়। তেখেতে তেখেতৰ পিতৃ-মাতৃৰ মুখৰ পৰা শুনা অনুসৰি ১৯৫১ চনৰ ১১ নৱেম্বৰ সোমবাৰে,
কাতি মাহতহে তেখেতৰ জন্ম হৈছিল।
১৯৮০
চনত জাহানাৰপাৰ গৰাখহনীয়াৰ কবলত পৰাৰ ফলত তেখেতৰ পৰিয়ালটো বাঘবৰ পথাৰলৈ উঠি আহে।
সেই ঠায়ো আকৌ গৰাখহনীয়াৰ কবলত পৰা বাবে ১৯৮৪ চনত তেখেতসকলে আলীগাঁও বজাৰত
অস্থায়ীভাৱে বসবাস কৰে। তাতো গৰাখহনীয়া হোৱাত তেখেতসকল ৰাণীৰ পামলৈ উঠি আহে। তাত
কেইবছৰমান থকাৰ পাছত তাতো গৰাখহনীয়া আৰম্ভ হয় আৰু তাৰ পৰা তেওঁলোক ১৯৯৪ চনত
শিলুচী গাঁওলৈ আহে। ১৯৯৭ চনত শিলুচী গাঁৱো গৰাখহনীয়াৰ কবলত পৰে। সেয়ে ১৯৯৮ চনৰ
জানুৱাৰী মাহত বৰ্তমানে তেখেতসকলে বাস কৰা যতিগাঁওলৈ উঠি আহে।
দেউলদি
প্রাথমিক বিদ্যালয়ত তেখেতৰ শিক্ষা জীৱন আৰম্ভ হৈছিল। সেইখন বিদ্যালয়ত ৫ মাহ
লিখা-পঢ়া কৰাৰ পাছত তেখেত ৩৭১ নং আলীগাঁও নিম্ন প্রাথমিক বিদ্যালয়লৈ বদলি হৈ
আহিবলগা হয় আৰু সেইখন বিদ্যালয়ৰ পৰা তেখেতে ১৯৬৩ চনত নিম্ন প্ৰাথমিক শিক্ষা
সমাপ্ত কৰে। ১৯৬৬ চনত তেখেতে গৰলা-চাচৰা এম, ই, মাদ্ৰাছাৰ
পৰা মধ্য ইংৰাজী (উচ্চ প্ৰাথমিক) শিক্ষা সমাপ্ত কৰে। ১৯৭১ চনত তেখেত কাদং
হাইস্কুলৰ পৰা মেট্ৰিক (হাইস্কুল শিক্ষান্ত) পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ
হয়। তাৰ পাছত তেখেতে বৰপেটা চহৰত অৱস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়ত বিজ্ঞান
শাখাত প্রাক-বিশ্ববিদ্যালয় শ্ৰেণীত নাম ভৰ্তি কৰায়। ভৰ্তিৰ ছমাহ পাছতেই হোৱা
টেষ্ট পৰীক্ষাত তেখেতে ৫৫ শতাংশ নম্বৰ পাইছিল। ফাইনেল পৰীক্ষা আশানুৰূপ নোহোৱাত
অৰ্থাৎ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব
নোৱাৰিব বুলি তেখেতে ব্যৱহাৰিক (Practical)
পৰীক্ষাত বহা নাছিল আৰু সেয়ে তেখেতৰ পৰীক্ষাৰ ফলাফল ডিফলণ্টাৰ
আহিছিল। তাৰ পাছৰ পৰা প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণী দুবছৰীয়া হয়। বিভিন্ন কাৰণত
তেখেতৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ নহ'ল। ১৯৭৩ চনৰ ২৭ জানুৱাৰী তাৰিখে তেখেতে বালিকুৰি পাথাৰ প্ৰাথমিক
বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। ১৯৭৪ চনৰ ৪ জানুৱাৰী তাৰিখে মানিকপুৰ প্ৰাথমিক
বিদ্যালয়ত স্থায়ী সহকাৰী শিক্ষক পদত নিযুক্তি লাভ কৰে। তাৰ পাছত তেখেত বদলি আৰু
পাৰস্পৰিক বদলি হৈ সুখচৰ প্ৰাথমিক বিদ্যালয়, গৰলা প্রাথমিক বিদ্যালয়, ১২৮৯ নং সাতমুখী প্রাথমিক বিদ্যালয়, ৩৭১ নং আলী গাঁও প্রাথমিক বিদ্যালয় আৰু ১২৩৯ নং গৰেমাৰী পাথাৰ
ছোৱালী প্রাথমিক আৰু ১২৫৮ নং পূব জাহোৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে।
তেখেতে মুঠ আঠখন বিদ্যালয়ত শিক্ষকতাৰ সোৱাদ আৰু অভিজ্ঞতা লাভ কৰে। ২০০৩ চনৰ শেষৰ
পিনৰ পৰা ২০১৪ চনলৈ তেখেতে ধানবান্ধা মণ্ডল সমল কেন্দ্রৰ সমন্বয়ক হিচাপে
কাৰ্যনিৰ্বাহ কৰে।
ৰঙিয়া
বেছিক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ থকা সময়ত তেওঁ 'চাকৰ' নামৰ নাটত প্ৰথম অভিনয় কৰে। ৩৭১ নং আলী গাঁও প্রাথমিক বিদ্যালয় আৰু
১২৮৯ নং সাতমুখী প্রাথমিক বিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ত তেখেতে বিভিন্ন নাটকৰ
মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেখেতে অভিনয় কৰা কিছুমান নাটক হ’ল— বিদায় সেলাম, কহিনুৰ, নিহত গোলাম, ছোহৰাব-ৰুস্তম, পাণিপথ, আলমগীৰ, গৰীবৰ
মেয়ে আদি নাটকত অভিনয় কৰাৰ সমান্তৰালকৈ তেখেতে একাংকিকা নাটও ৰচনা কৰিছিল।
শিক্ষকতাৰ
সমান্তৰালকৈ তেখেতে অসহায় ৰাইজক চিকিৎসা সেৱাও আগবঢ়াবলগীয়া হৈছিল। শিক্ষকতাৰ
সমান্তৰালকৈ তেখেতে বিভিন্ন ধৰণে সমাজ সেৱা কৰিছিল। সেই সময়ত তেওঁলোকৰ অঞ্চলত
প্ৰায় সকলো ঘৰতেই মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ঘটিছিল যাৰ ফলত কে’বাগৰাকী ৰোগীৰ অকালতে মৃত্যু হৈছিল।
তেখেতৰ এগৰাকী খুবেই কর্মঠ ভাতৃৰ অকাল মৃত্যু হৈছিল মেলেৰীয়াত আক্ৰান্ত হৈ।
চিকিৎসকৰ অভাৱত ৰোগীসকলৰ ভালকৈ চিকিৎসা হোৱা নাছিল। ইফালে ব্ৰহ্মপুত্ৰৰ
গৰাখহনীয়াৰ ফলত ৰাইজ বিধ্বস্ত হৈ পৰিছিল। মাটি-ভেটি নদীৰ বুকুত জাহ গৈছিল। চিকিৎসাৰ
বাবদ দিবলগীয়া সামান্য টকাও দিবলৈ মানুহবোৰ সক্ষম নাছিল। টকাৰ কাৰণে বহুত মানুহেই
চিকিৎসা ল'ব
পৰা নাছিল৷ ইফালে আকৌ ৰোগীক তাৰে পৰা বৰপেটা চহৰলৈ অনাটোও সহজ নাছিল। কাৰণ সেই
সময়ত আজিৰ দৰে ৰাস্তা-ঘাট আৰু গাড়ী-মটৰৰ সুবিধা নাছিল৷ সেয়ে, তেখেতে ততালিকে বেজী দিয়া শিকিলে আৰু
পাছদিনাৰ পৰাই মৰণত শৰণ দি বিনামূলীয়াকৈ বেজী দিয়া আৰম্ভ কৰিলে । তেখেতৰ মনত
এটাই ভাব আছিল, মই
মৰোঁ যদি মৰোঁ, তথাপি
বিনা চিকিৎসাত মেলেৰীয়া ৰোগী যেন নমৰে। ৰাতিপুৱা তেখেতৰ ঘৰত ৰোগীৰ ভীৰ হৈছিল আৰু
ৰোগীসকল সুস্থও হৈছিল। তেখেতে কয়, এতিয়াও মই ভাবি সঠিককৈ ক'ব পৰা নাই, ৰোগীৰ জীৱন লৈ এইদৰে খেলা কৰাটো কি মোৰ
কাৰণে ঠিক হৈছিল? অৱশ্যে
তেখেতৰ হাতত কোনো ৰোগীৰ মৃত্যু হোৱা নাই৷ ক'বলৈ গ'লে
এশ শতাংশ ৰোগীয়েই আৰোগ্য হৈছিল। তদুপৰি তেখেতে সামাজিক মেলত অংশ গ্ৰহণ কৰি বিভিন্ন
ব্যক্তিৰ মাজত হোৱা সংঘাত, কাজিয়া-পেচাল, মৰা-মৰি, ভূমিকেন্দ্ৰিক কাজিয়া, সৰু-ডাঙৰ অপৰাধজনিত ঘটনা আদি সামাজিক ন্যায় ব্যৱস্থাৰ জৰিয়তে
সমাধানত আগভাগ লৈছিল ।
তেখেতৰ
নেতৃত্বত ১৯৯৫ চনত শিলোশি (মিলিজুলি)ত 'ইউনাইটেড হাইস্কুল,
শিলোশি' নামেৰে
এখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত হয়, যিখন ২০১৩ চনত চৰকাৰীকৰণ হয়। তেনেকৈ তেখেতে ১৯৯৮ চনত ভেৰাগাঁৱত
ভেৰাগাঁও হাইস্কুল নামেৰে উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনত আগভাগ লৈছিল। ১৯ গৰাকী
শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীৰ অভাৱ
আৰু বিদ্যালয় প্ৰাদেশীকৰণ হোৱাৰ সম্ভাৱনীয়তা নোহোৱাত বিদ্যালয়খন বন্ধ হৈ যায়।
সৰু
কালৰ পৰাই হুছেইনদেৱৰ অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ আছিল আৰু তেখেত খুব অধ্যয়নপ্রিয়
আছিল। “খ” শ্ৰেণীত থাকোতে ভালকৈ যুক্তাক্ষৰ
নিশিকাকৈয়ে তেখেতে হিতেশ ডেকাদেৱৰ ‘ভাড়াঘৰ’উপন্যাসখন
পঢ়ি শেষ কৰিছিল। তেতিয়াৰ পৰা কোনো কিতাপ পালেই তেখেতে গোটেই নিশা জাগি পঢ়িছিল।
তেখেতৰ শিক্ষাগুৰু, ধীৰেন্দ্ৰ
নাথ দাসৰ সান্নিধ্যলৈ আহি তেখেতৰ বাহিৰা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ অনেক গুণ বৃদ্ধি
পাইছিল আৰু তেখেতে বিদ্যালয়ৰ পুথিভঁড়ালৰ প্ৰায় সকলো কিতাপেই পঢ়ি শেষ কৰিছিল
আৰু পুথিভঁড়ালৰ গল্প, উপন্যাস
আদি পঢ়ি নিজেও গল্প আৰু কবিতা লিখিবলৈ চেষ্টা কৰিছিল। ১৯৭০ চনত মহেন্দ্ৰ মোহন
চৌধুৰীয়ে বৰপেটা মহকুমা পুথিভঁড়ালৰ দ্বাৰ উদঘাটনৰ দিনা তেখেতে পুথিভঁড়ালৰ
সদস্যপদ লৈছিল। কিতাপ পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবেই নৱম শ্ৰেণীত থাকোতে
ছাত্র-ছাত্রীসকলে তেখেতক বিনা প্রতিদ্বন্দ্বিতাৰে ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক
হিচাপে নিৰ্বাচিত কৰিছিল। বিদ্যালয়ৰ মুখপত্ৰ হিচাপে এখন আলোচনী প্ৰকাশৰ বাবে
ছাত্ৰ-ছাত্ৰীসকলৰ পৰা কবিতা, গল্প
আদি সংগ্ৰহ কৰা হৈছিল যদিও কেতবোৰ অসুবিধাৰ বাবে তেখেতৰ কাৰ্যকালত আলোচনীখন প্ৰকাশ
কৰি উলিওৱাটো সম্ভৱ হোৱা নাছিল। পাছৰ বছৰত পাছৰ শ্ৰেণীৰ তদানীন্তন আলোচনী সম্পাদকৰ
সময়ত আলোচনীখন প্ৰকাশ হৈছিল। ‘সাধনা' নামৰ এই আলোচনীখনত তেখেতৰ কুলি শীৰ্ষক
এটি কবিতা আৰু ‘মোৰ
গল্প লিখাৰ কাহিনী' শীর্ষক
এটি গল্প প্রকাশ পাইছিল। এই দুটাই আছিল ছপা আখৰত প্ৰকাশ পোৱা তেখেতৰ প্ৰথম কবিতা
আৰু গল্প।
২০০১
চনৰ ১৩ ছেপ্তেম্বৰ তাৰিখে অসমীয়া দৈনিক অগ্ৰদূত কাকতত তেখেতৰ প্ৰথম লেখা প্রকাশ
পায়। ২০০২ চনত অসম সাহিত্য সভাৰ দ্বিতীয় মধ্যকালীন কলগাছিয়া অধিৱেশনত তেখেতৰ
প্ৰথম গল্পপুথি, ‘এটি
অভিশাপৰ মৃত্যু' উন্মোচন
কৰা হয়। ২০০১ চনৰ পৰা বৰ্তমানলৈকে তেখেতে ধাৰাবাহিক ভাৱে লিখি আহিছে। অসমীয়া
বাতৰি কাকত দৈনিক অগ্ৰদূত, এদিনৰ
সংবাদ, নিয়মীয়া
বাৰ্তা, দৈনিক জনসাধাৰণ, দৈনিক গণ অধিকাৰ, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, আজিৰ দৈনিক বাতৰি, আমি অসমৰ জনগণ, গণ সংবাদ, শংকৰজ্যোতি, দৈনিক জনমভূমিৰ মাঘবিহু সংখ্যা আৰু
স্থানীয় বিভিন্ন আলোচনী আদিত তেখেতৰ বিভিন্ন চিন্তাগধুৰ প্ৰবন্ধ, নিবন্ধ, গল্প, অনুবাদ
গল্প আদি প্ৰকাশ পাই আহিছে। এতিয়ালৈকে তেখেতে বিভিন্ন বিষয়ক ৫৯ খনকৈ গ্ৰন্থ লিখি
উলিয়াইছে। ইয়াৰে ৪৩ খন অসমীয়া আৰু ১৬ খন বঙালী গ্রন্থ। অসমীয়াত ৪৩ খনকৈ গ্ৰন্থ
ৰচনা কৰি তেখেতে অসমীয়া সাহিত্য জগতলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেখেতৰ অসমীয়া
গ্ৰন্থবোৰ হৈছে—
১। এটি অভিশাপৰ মৃত্যু (চুটি গল্প সংকলন) ২০০২
২। দিগ্বিজয়ী বাবৰ (ঐতিহাসিক উপন্যাস) ২০০৭
৩। জাহানাৰাৰ আত্মকাহিনী (অনুবাদ গ্রন্থ) ২০১৫
৪। এখন অখ্যাত গাঁৱৰ উপকথা (উপন্যাস) ২০১৫
৫।
ছোহৰাব-ৰুস্তম (পৌৰাণিক উপন্যাস) ২০১৫
৬। প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত
মুছলমানসকলৰ ইতিবৃত্তি- ২০১৫
৭। মুখ বাগৰা মুকুতা- ১ (প্রচলিত গল্পপুথি)
২০১৫
৮। মুখ বাগৰা মুকুতা-২ (প্রচলিত গল্পপুথি) ২০১৫
৯। ৰাহুল আৰু সিহঁত দুজন (শিশু সাহিত্য) ২০১৫
১০। মার্ক্স আৰু হেগেলৰ দৰ্শন (প্রবন্ধ সংকলন)
২০১৫
১১। শাস্তি (উড়িয়া অনুবাদ উপন্যাস) ২০১৫
১২। উড়িয়া অনুবাদ গল্প সংকলন ২০১৫
১৩। বিচাৰক (গল্প সংকলন) ২০১৫
১৪। বিশ্ব ঐতিহ্য (প্রবন্ধ সংকলন) ২০১৫
১৫। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু ডাইনী হত্যা (প্রবন্ধ সংকল) ২০১৫
১৬। ঐক্যৰ সন্ধানত (প্রবন্ধ সংকলন) ২০১৫
১৭। ৰামজন্ম জন্মভূমি বাবৰি মছজিদ (প্ৰবন্ধ
সংকলন) ২০১৫
১৮। নেতাজী সুভাষ চন্দ্র বসু আৰু জাতীয় সংহতি
(প্রবন্ধ সংকলন) ২০১৫
১৯। বাংলা গল্প সংকলন -১ (অনুবাদ গল্প) ২০১৫
২০। বাংলা গল্প সংকলন -২ (অনুবাদ গল্প) ২০১৫
২১ । প্রায়শ্চিত্য (একাংকিকা নাট) ২০১৫
২২। হেঙাৰ (একাংকিকা নাট) ২০১৫
২৩। ভূত (একাংকিকা নাট) ২০১৫
২৪। শূ্ন্যৰ পৰা শিখৰলৈ (ডাঃ এ. পি জে. আব্দুল
কালামৰ জীৱনী) ২০১৭
২৫। ইছলামিক আদর্শ (প্রথম খণ্ড) ২০১৭
২৬। ইছলামিক আদর্শ (দ্বিতীয় খণ্ড) ২০১৭
২৭। মহৎ ব্যক্তি আৰু উৎসৱ (প্ৰবন্ধ সংকলন) ২০১৭
২৮। ইদেশ-সিদেশ (সংগীতালেখ্য) ২০১৭
২৯। বিবিধ প্রবন্ধ (প্রবন্ধ সংকলন) ২০১৮
৩০। নজৰুল ইছলামৰ কবিতা (অনুবাদ কবিতা সংকলন)
২০১৮
৩১। ৰেজাউদ্দিন ষ্টালিনৰ শ্ৰেষ্ঠ কবিতা (অনুবাদ
কবিতা সংকলন) ২০১৮
৩২। বিদেশী কালজয়ী অনুবাদ গল্প (অনুবাদ গল্প)
২০১৮
৩৩। সেন্দুৰ উজলে কপালত (উপন্যাস) ২০১৮
৩৪। যেনে কুকুৰ তেনে টাঙোন (গল্প সংকলন) ২০১৮
৩৫। ভাৰতীয় কালজয়ী অনুবাদ গল্প (অনুবাদ গল্প)
২০১৮
৩৬। নজৰুল ইছলামৰ মৃত্যুক্ষুধা (অনুবাদ
উপন্যাস) ২০১৮
৩৭। কালজয়ী লেখকৰ জীৱনী (জীৱনীমূলক গ্রন্থ)
২০১৮
৩৮। স্বীকাৰোক্তি (উপন্যাস) ২০১৯
৩৯। বিশ্বত্রাস কৰ’না (কবিতা পুথি) ২০২০
৪০। জীৱন নদীৰ সুঁতি (উপন্যাস) ২০২৩
৪১। ভাৰত তথা বংগ বিভাজনৰ খুটি-নাটি (প্রবন্ধ
সংকলন) ২০২৩
৪২। এমুঠি গীত (গীতৰ সংকলন) ২০২৪
৪৩। মহানবী (ছাঃ)ৰ দাম্পত্য জীৱন (ডিজিটিলে
প্রকাশ) ২০২৪
বাংলা
গ্রন্থ
১। আমাৰ ছেলেবেলা (আত্মকথন) ২০২০
২। ফিৰে দেখা (আত্মকথন) ২০২০
৩। মুছলমান নোবেল বিজয়ীৰ সংক্ষিপ্ত জীৱনী
(জীৱনীমূলক গ্রন্থ) ২০২১
৪। কিংবদন্তি চলচ্চিত্র অভিনেতা (চমু জীৱনী)
২০২১
৫। ছেলেবেলা সান্নিধ্যে আসা মুৰব্বীদেৰ
সংক্ষিপ্ত পৰিচয় (চমু জীৱনী) ২০২১
৬। অকালে বসন্ত (উপন্যাস) ২০২২
৭। দিগ্বিজয়ী বাবৰ (ঐতিহাসিক উপন্যাস) ২০২২
৮। মোগল সম্রাট (মোগল সম্ৰাটসকলৰ সংক্ষিপ্ত
জীৱনী) ২০২২
৯। সুৰেৰ পসৰা (উপন্যাস) ২০২৩
১০। ডানপিটে (উপন্যাস) ২০২৩
১১। মোল্লা নাছিৰুদ্দিনেৰ ৰসাত্মক ও
ব্যঙ্গাত্মক কাহিনী (ৰসাত্মক আৰু ব্যঙ্গাত্মক কাহিনী) ২০২৩
(ডিজিটেল
প্রকাশ)
১২। মুখে মুখে ফেরা মুক্তা -১ ২০২৩ (ডিজিটেল প্রকাশ) (প্রচলিত গল্প
সংকলন)
১৩। মুখে মুখে ফেরা মুক্তা - ২ ২০২৩ (ডিজেটেল প্রকাশ) (প্রবন্ধ সংকলন)
১৪। ৰক্তাক্ত ফিলিস্তিন (প্ৰৱন্ধ সংকলন) ২০২৩
(ডিজিটেল প্রকাশ)
১৫। বুৰকিনা ফাসোৰ জাতীয় নায়ক থমাস সানকাৰা
(চমু জীৱনী) (ডিজিটেল প্রকাশ) ২০২৩
১৬। সাহসী যুৱতী আহেদ তামিমী (চমু জীৱনী)
(ডিজিটেল প্রকাশ) ২০২৩
হুছেইনদেৱে
ফেইছবুকত নৱ প্ৰজন্মৰ বহুত উন্নত মানৰ কবিতা আৰু অন্যান্য লেখা দেখা পাইছে।
সেইবিলাকত অলপ হাত ফুৰালেই সেইবিলাক আৰু উন্নতমানৰ হৈ উঠিব বুলি তেখেতে ভাবে।
সেয়ে, তেখেতে উদ্যোগ লৈ
২০১৬ চনৰ ২ জুলাইত ‘প্রগতিশীল
সাহিত্য পৰিষদ, অসম' নামেৰে এখন সাহিত্য পৰিষদ গঠন কৰে। এই
সাহিত্য পৰিষদৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াত সাহিত্য চৰ্চা কৰা ব্যক্তি এগৰাকীয়ে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ
উপৰিও অন্যান্য ভাৰতীয় ভাষা যেনে- বাংলা, হিন্দী, উৰিয়া
আদি ভাষাতো সাহিত্য চৰ্চা কৰিব পাৰে। লগতে ইংৰাজীতো সাহিত্য চৰ্চা কৰিব পাৰে।
স্থানীয় উদীয়মান, নবীন
কবি লেখকসকলক দিহা-পৰামৰ্শ আৰু সম্পাদনাৰ দায়িত্ব দি এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে
তেখেতে প্ৰগতিশীল সাহিত্য পৰিষদ,
অসমৰ ফালৰ পৰা কে’বাখনো
গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।
২০০১
চনত তেখেত গুৱাহাটী অনাতাঁৰ কেন্দ্র 'আকাশবাণী গুৱাহাটী'ত
গীতিকাৰ হোৱাৰ সুযোগ পাইছিল। কীৰ্তি কমল ভূঞাৰ সৈতে তেখেতৰ দীঘলীয়া বাৰ্তালাপ
হয়। তেখেতৰ গীতবোৰ নির্বাচিত হয়। পিছে গীতবোৰৰ বাবে পাৰ্টীৰ নামত বহুত টকা
দিবলগীয়া হোৱাত তেখেত পিছুৱাই আহে। তেখেতে পাৰ্টী নিদিলে আৰু তেখেতৰ গীতবোৰেও
অনুমোদন লাভ নকৰিলে। তেনেকৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ বাবে তেখেতৰ নামটো পঠিওৱাৰ
পাছত তেখেতে বঁটাটো নাপালে। তেখেতক কোৱা হৈছিল কিবা পাবলৈ হ’লৈ কিবা দিবও লাগে। ........ তেখেতে
কৈছিল- “মোৰ দ্বাৰা এইটো
সম্ভৱ নহয়। মোৰ পাৰফৰ্ম্যান্সত যদি মই পাওঁ, দিব। টকা দি পুৰস্কাৰ কিনিবলৈ মোৰ টকা নাই।” তেনেকৈ তেখেতৰ সাহিত্য কৰ্মৰ স্বীকৃতি
হিচাপে তেখেতৰ নামটো মনোনীত কৰি তেখেতৰ পৰা খৰচ বিচৰাত তেখেতে কৈছিল- “খৰচ দি মই পুৰস্কাৰ নলওঁ”। এনেই যদি কোনোবাই মোৰ সাহিত্য কর্ম দেখি দিয়ে, সেয়া বেলেগ কথা।” সেয়ে তেখেতে কয় “পুৰস্কাৰ অৱশ্যে পোৱা নাই, সম্বৰ্ধনা পাইছোঁ।”
২০০২
চনত তেখেতে প্ৰথম সম্বর্ধনা লাভ কৰে জনীয়াৰ দাপোণ সাহিত্য গোষ্ঠী ফালৰ পৰা।
তেখেতক সন্মান, সম্বর্ধনা
জনোৱা আৰু বঁটা দিয়া কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
১। সম্বর্ধনা- ২০০২, দাপোণ সাহিত্য গোষ্ঠী, জনীয়া, বৰপেটা
২। সম্বর্ধনা- ২০১৪, সমন্বয় সাহিত্য গোষ্ঠী, কয়াকুছি, বৰপেটা
৩। সম্বর্ধনা- ২০১৫, কয়াকুছি প্ৰেছ গীল্ড, কয়াকুছি, বৰপেটা
৪। সম্বর্ধনা- ২০২০, সমন্বয় সাহিত্য গোষ্ঠী, কয়াকুছি
৫। সাহিত্য সাধনা বঁটা- ২০২১, প্রগতিশীল সাহিত্য প্রকাশন, কলগাছিয়া, বৰপেটা
৬।সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল
কাদিৰ সাহিত্য বঁটা- ২০২১-ছাবলাইম ফাউণ্ডেশ্বন, হাউলী, বৰপেটা
৭। সম্বর্ধনা- ২০২২ অসম চৰ-চাপৰি সাহিত্য সভা, বৰপেটা জিলা
৮। সম্বর্ধনা- পাব্লিক সংবাদ।
৯। সম্বৰ্ধনা- ২০২৪, বৰপেটা জিলা বাৰ্তাজীৱী সংঘ।
সকলো
শ্ৰেণীৰ লোকৰ সৈতে সমন্বয় ৰক্ষা কৰি চলা, বিশেষকৈ লিখা-মেলাৰ সৈতে জড়িত লোকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলা
আৰু জিলা উপায়ুক্ত (আয়ুক্ত) হিচাপে বিশেষ সুনাম থকা জিলা আয়ুক্ত তথা সুলেখক
থানেশ্বৰ মালাকাৰে পদোন্নতি হৈ যোৱাৰ পাছত তেখেতক ফোনযোগে জনাইছিল যে তেখেতৰ নামটো
সম্বৰ্ধনাৰ বাবে লিখি দি আহিছে। যদি মাতে, তেখেত যেন যায়। পাছত মতাও নাই আৰু তেখেতে যোৱাও নাই। আজিকালি
সাহিত্য আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত সন্মান, বঁটা বাহন আদিৰ বাবে টকাৰ লেন-দেন হোৱাৰ কথা প্রায়েই শুনা যায়।
কিন্তু আবুল হুছেইনদেৱ এইবোৰৰ পৰা বহু যোজন দূৰৈত। তেখেত টকা দি সন্মান বা বঁটা
কিনাৰ পক্ষপাতী কেতিয়াও নাছিল আৰু এতিয়াও নহয়। তেনেকৈ তেখেতে বাতৰি কাকতলৈ লেখা
প্ৰেৰণ কৰি কোনোদিনেই তোষামোদ কৰা নাই ।
২০২৪
চনৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আবুল হুছেইনদেৱে বেমাৰত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ
বাবে মুম্বালৈ যায়। চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ ফলত তেখেতৰ স্বাস্থ্যৰ বহুত অৱনতি
ঘটে। ছেপ্তেম্বৰ মাহৰ শেষৰ পিনে তেখেতৰ স্বাস্থ্য কিছু উন্নত হয়। সম্প্ৰতি তেখেতৰ
স্বাস্থ্য ভালেখিনি উন্নত হোৱাত তেখেত আকৌ গ্ৰন্থ ৰচনাৰ কামত ব্যস্ত হৈ পৰিছে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন