বিশ্ব ঐতিহ্য

 

                                                  বিশ্ব ঐতিহ্য

           


     শিলৰ সৌন্দৰ্য মিছৰৰ পিৰামিড

মিছৰৰ পুৰণি নাম ইজিপ্ত। ইজিপ্ত গ্রীক শব্দ। মিছৰ নামটো দিছে আৰৱসকলে। মিছৰ প্রাচীন সভ্যতা, নীল নদী, মামী আৰু পিৰামিডৰ কাৰণে বিখ্যাত। মিছৰক নীলনদীৰ দান বুলি কোৱা হয়। নীল নদীৰ পুৰণি নাম আছিল কেমকেমৰ অৰ্থ ল কলা বৰণীয়া। নীল নদীৰ পাৰৰ মাটি কলা আছিল কাৰণে কেম বুলি কোৱা হৈছিল। কেম শব্দৰ  পৰাই কেমেষ্টি শব্দৰ উৎপত্তি হোৱ বুলি জনা যায়। প্রাচীন মিছৰ সভ্যতা আৰু সংস্কৃতিত আগবঢ়া আছিল। ইজিপ্তসকলে শাসন আৰু ধৰ্ম সংক্রান্তীয় কিছুমান নতুন নিয়ম প্ৰৱৰ্ত্তন কৰিছিল। হাইয়াৰোগ্নিক নামেৰে জনাজাত লিপিৰো উন্নতি সাধন কৰিছিল ইজিপ্তসকলে। ইজিপ্তৰ সামাজিক আৰু ৰাজহুৱা সকলো ক্ষেত্ৰতে ধৰ্মৰ প্ৰভাৱ আছিল অপৰিসীম। অর্থাৎ ধর্মইহে সকলো কার্য নিয়ন্ত্রণ কৰিছিল।  

ধর্মীয় বিশ্বাস আৰু সভ্যতাৰ চিহ্ন স্বৰূপে জোছাৰৰ শাসন কালত চেক হাৱাৰে নামৰ ঠাইত পিৰামিড নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। জোছাৰৰ মন্ত্ৰীৰ নাম আছিল কবিৰাজ। কবিৰাজ জ্ঞান-বুদ্ধিত ইমানেই আগবঢ়া আছিল যে, শেষত তেওঁক দেৱতা আখ্যা দিয়া হৈছিল। এই পিৰামিড নিৰ্মাণ আৰম্ভ হোৱাৰ পৰাই মিছৰত শিলৰ কাম আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়।

মেমফিচৰ পৰা চাক্কৰালৈ বহু কেইটা পিৰামিড সিঁচৰতি হৈ আছে। পিৰামিড থকা ক্ষেত্ৰবোৰ হৈছে- চাক্কাৰা, ডাছুৰ, মেইডাম, গীজা, আবু ৰবাছ, আবু ছাৰ, লিছ, ইল-লাহু, হাৱাৰা, ইল-কুৰু আৰু নুৰী। নীলনদীৰ পশ্চিম পাৰত অৱস্থিত গীজা নামৰ ঠাইত তিনিটা পিৰামিড নিৰ্মাণ কৰা হৈছিল। এই তিনিটা পিৰামিডৰ ভিতৰত মিছৰৰ চতুৰ্থ ৰাজবংশৰ দ্বিতীয় শাসক খুফুই   üËæÃ±»± পিৰামিডটো আটাইতকৈ পুৰণি আৰু বৃহৎ। পিৰামিডটো ২৫৮৯-২৫৬৬ খ্রীষ্টপূর্বত নিৰ্মাণ কৰা হৈছে। ইয়াৰ বিশালতা আৰু অপূৰ্ব নিৰ্মাণ শৈলীৰ কাৰণে ই মহান পিৰামিড হিচাপে বিখ্যাত আৰু ইয়াক বিশ্বৰ সপ্তম আশ্চর্য বস্তুৰ অন্তৰ্ভূক্ত কৰা হৈছে। নির্মাণকাৰীৰ নামৰ লগত সংগতি ৰাখি ইয়াক খুফুৰ পিৰামিড নামেৰে জনা যায়। ২৬০০ খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা  পিৰামিডটো সম্প্ৰতিও প্রায় অক্ষত অৱস্থাতে আছে। বালিৰ ধুমুহা বতাহ তথা প্ৰকৃতিৰ ক্ৰুৰতাৰ কাৰণে ইয়াৰ উচ্চতা কিছু হ্রাস পাইছে যদিও বর্তমানেও ইয়াৰ উচ্চতা ৪৮১ ফুট অৰ্থাৎ ১৪৭ মিটাৰ।পিৰামিডটো ১৩ একৰ ভূমিৰ ওপৰত বিস্তাৰিত আৰু ৫১-৫২ ডিগ্ৰী অভিসাৰী কোণৰ জোখত শংকু আকাৰত নির্মিত।অৰ্থাৎ ভূমিভাগৰপৰা ৫১-৫২ ডিগ্ৰী কোণ কৰি ইয়াৰ চাৰিটা এঢলীয়া দেৱাল ক্ৰমে ঠেক হৈ ওপৰলৈ উঠি গৈ শীর্ষবিন্দুত মিলিত হৈছে। পিৰামিডটোৱে তেতিয়া দিকদৰ্শনৰ কাম কৰিছিল আৰু আজিলৈকে সঠিক দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰি আছে। ইয়াৰ চাৰিটা ফাল অর্থাৎ কাষ আছে। নিৰ্মাণৰ সময়ত সম্ভৱতঃ ইয়াৰ চাৰিওফাৰ দেৱাল সমান জোখত নিৰ্মাণ কৰা

হৈছিল; কিন্তু সময় বাগৰাৰ লগে লগে কাষবোৰৰ জোখ সামান্য পৰিমাণে কম-বেছি হোৱা পৰিলক্ষিত হৈছে। এই কাষবোৰৰ উত্তৰ ফাল ৭৫৫.৪৩ ফুট (২৩০.২৬ মিটাৰ), দক্ষিণ ফাল ৭৫৬.০৮ ফুট (২৩০.৪৫ মিটাৰ), পূব ফাল ৭৫৫.৮৮ ফুট

(২৩০.৩৬ মিটাৰ), পশ্চিম ফাল ৭৫৫.৭৭ ফুট (২৩০.৩৬ মিটাৰ)। ভেটিৰে সৈতে ইয়াৰ প্ৰতিটো কাষ ৭৭৬ ফুট (২৩৬মিটাৰ) ইয়াৰ দেৱালবোৰ জুখি মাথোন ৭.৯ ইঞ্চিমানৰহে পাৰ্থক্য পোৱা গৈছে। এই বিশাল পিৰামিডটো মাথোন ৰাজকীয় সমাধি ক্ষেত্ৰই নহয়, বৰং ই সূৰ্যঘড়ী, দিনপঞ্জী আৰু জ্যোতিষ বিদ্যাৰো চৰ্চাৰ কেন্দ্ৰ।

প্রাচীন মিছৰবাসীয়ে মৃত্যুৰ পাছত মানুহ দেৱতাসকলৰ লগত বাস কৰাৰ কাৰণে সুশৰীৰে স্বৰ্গলৈ যায় বুলি বিশ্বাস কৰিছিল। সেয়ে ৰাজপৰিয়ালৰ লোকসকলৰ মৃত্যু হলে তেওঁলোকৰ কবৰত বহুমূলীয়া নিত্যাৱশ্যকীয় সামগ্ৰী মৃতকৰ লগত পুতি থৈছিল। কিন্তু কিছুদিন পাছতে সেইবোৰ সামগ্ৰী চুৰি হৈ গৈছিল। এনেকি পিৰামিডত ব্যৱহাৰ কৰা চূণশিলো কেতিয়াবা চুৰি হৈছিল। সেয়ে খুফুই ডাঙৰ আকাৰৰ গধুৰ গ্ৰেনাইট শিলৰ টুকুৰাৰে পিৰামিডটো নিৰ্মাণ কৰাইছিল। একোটা শিলৰ ওজন ২.৫ টন আছিল আৰু এনেকুৱা ২,৩০০,০০০ টা টুকুৰা ব্যৱহাৰ কৰি পিৰামিডটো সাজি উলিওৱা হৈছিল। যাৰ মুঠ ওজন হ ,৫০০,০০০ টন। পিৰামিডৰ অভ্যন্তৰীণ ভাগ হালধীয়া বৰণৰ চূণ শিলেৰে নিৰ্মাণ কৰা হৈছিল আৰু পিৰামিডৰ ভিতৰলৈ সোমাই যোৱা লুংলুঙীয়া বাটত পাতল ৰং ব্যৱহাৰ কৰা হৈছিল। পিৰামিডত ব্যৱহাৰ কৰা সামগ্ৰীৰে ফ্ৰান্সৰ চাৰিওফালে ১ ফুট ডাঠ আৰু ১০ ফুট ওখ দেৱাল নিৰ্মাণ কৰিবপৰা যাব বুলি নেপোলিয়ন বোনাপার্টে অনুমান কৰিছিল।

পিৰামিডবোৰ তেতিয়াৰ ইজিপ্তবাসীৰ কাৰিকৰী জ্ঞান আৰু প্ৰযুক্তি কৌশলৰ উৎকৃষ্ট উদাহৰণ। কিয়নো পিৰামিডবোৰ নিৰ্মাণৰ কাৰণে জ্যোতিষ্কৰ গতি-বিধি আৰু জ্যামিতীয় জোখ-মাখৰ প্ৰতি বিশেষভাবে লক্ষ্য ৰখা হৈছিল, যাৰ ফলত এই অদ্ভুত পিৰামিড নিৰ্মাণ কৰা সম্ভৱ হৈছিল ৷ পিৰামিডৰ বিন্যাস আৰু শিল কাটি পালিচ কৰাৰ কাৰণেও উন্নত প্রযুক্তিবিদ্যা প্ৰয়োগ কৰা হৈছিল। এডাল চুলিও সৰকি যাব নোৱাৰাকৈ অতি নিখুঁতভাবে শিলৰ টুকুৰাবোৰ জোৰা লগোৱা হৈছিল। বিদেশৰ কোনো প্রযুক্তি কৌশলৰ সহায়ত লেজাৰ কিৰণৰ জৰিয়তে শিলবোৰ কটা হৈছিল বুলি বৰ্তমান কালৰ ভাস্কৰ্যবিদসকলে অনুমান কৰিছে৷ পিৰামিডৰ নিৰ্মাণ কাৰ্যত প্ৰয়োগ কৰা কোনো কাৰিকৰী কৌশলৰ জ্ঞান অথবা তথ্য সম্প্ৰতি পাবলৈ নাই। গধুৰ বস্তু ওপৰলৈ তোলাৰ কাৰণে ইজিপ্তসকলৰ সম্ভৱতঃ কোনো কপিকল নাছিল। তেওঁলোকে মাটি ইটা আৰু বালিৰ সহায়ত এডলীয়া ঢাপ নিৰ্মাণ কৰি কাঠৰ মাৰিৰ সহায়ত গধুৰ শিলৰ টুকুৰাবোৰ ঠেলি ঠেলি ওপৰলৈ তুলিছিল। গধুৰ বস্তু ওপৰলৈ তোলাৰ কাৰণে ইজিপ্তসকলে এক প্ৰকাৰ যন্ত্ৰ ব্যৱহাৰৰ কথা গ্ৰীক ইতিহাসবিদ হেৰোডোটাচে তেওঁৰ এখন গ্ৰন্থত উল্লেখ কৰিছে। কিন্তু মিছৰৰ কোনো সাহিত্যত তেনে কোনো যন্ত্ৰৰ উল্লেখ থকাৰ প্ৰমাণ নাই।

গ্ৰীক ইতিহাসবিদ হেৰোডোটাচে খুফুৰ পিৰামিড নিৰ্মাণৰ কাৰণে ২০ বছৰ লগাৰ লগতে এক লাখ বনুৱাই পাল পাতি কাম কৰিছিল বুলি মতপোষণ কৰিছে। তেওঁৰ সিদ্ধান্ত অনুসৰি ওপৰলৈ শিল কঢ়িওৱাৰ কাৰণে এঢলীয়া ওখ বাট আৰু পিৰামিডৰ অভ্যন্তৰ ভাগৰ কোঠালিবোৰ সাজি উলিয়াবলৈ দহ বছৰ লাগিছিল। বনুৱাসকল সম্ভৱতঃ কৃষিকাৰ্যৰ লগত জড়িত শ্রমজীৱী মানুহ অথবা কৃষিদাস আছিল। সিহঁতে খেতি-বাতি কৰাৰ লগতে পাল পাতি পিৰামিড নিৰ্মাণৰ কামত সহায় কৰিছিল। নীলনদীৰ বানপানীয়ে খেতি-পথাৰ বুৰাই পেলালে বনুৱাসকল একেলগে পিৰামিড নিৰ্মাণৰ কামত নিয়োজিত হৈছিল। খুযুৰ পিৰামিডৰ প্ৰৱেশদ্বাৰ ভূমিভাগৰপৰা ৫৯ ফুট ওখত উত্তৰ দিশত অৱস্থিত। প্ৰৱেশদ্বাৰৰপৰা পিৰামিডৰ অভ্যন্তৰলৈ সোমাই যোৱাৰ কাৰণে এঢলীয়া ঠেক বাট আছে। এই বাটৰ শেষ প্রান্তত ওপৰলৈ উঠি যোৱাৰ কাৰণে আন এটি বাট আছে। যিটো বাট মহাৰাণী হেটেফেৰেচৰ সমাধি আৰু ১৫১ ফুট (৪৬ মিটাৰ) দীঘল পকী বাৰাণ্ডা লৈ প্ৰসাৰিত। এই বাৰাণ্ডাৰ ওপৰতে গ্ৰেনাইট শিলেৰে নিৰ্মিত ৰজাৰ সমাধি ক্ষেত্ৰইয়াৰপৰা পোহৰৰ ৰেখাৰ দৰে পোন দুটা ঠেক নলা বাহিৰলৈ ওলাই গৈছে। খুফুৰ সমাধি ক্ষেত্ৰলৈ যোৱা বাটৰ শেষ প্রান্তত মহাৰাণী হেটেফেৰ্চেৰ সমাধি। ১৯২৫ চনত পুৰাতত্ত্ববিদসকলে মহাৰাণীৰ লগত পুতি থোৱা বহু মূল্যবান উপকৰণ আৰু সামগ্ৰীসহ এটা গাঁতৰ সন্ধান পাইছে। ১৯৫৪ চনত ১৪০ ফুট দীঘল আৰু ১৬ ফুট বহল এটা নৌকাও গাঁতত পুতি থোৱা অৱস্থাত প্রত্যক্ষ কৰিছে। নৌকাটো প্ৰমোদ ভ্ৰমণৰ কাৰণে নির্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে। যিটো নেকি ৰজাৰ স্বৰ্গযাত্ৰাৰ বাবে সমাধিক্ষেত্ৰত পুতি থোৱা হৈছিল। মিছৰৰ পিৰামিড নিৰ্মাণ কৰোৱা খুফু এগৰাকী দক্ষ শাসক আছিল। গ্রীক ভাষাত খুফুক চিয়োন্স বুলি কোৱা হয়। খুফু মিছৰৰ চতুৰ্থ ৰাজবংশৰ প্ৰথম শাসক চেনেফ্লুৰ উত্তৰাধিকাৰী আছিল। চেনেফ্লুৰ শাসনকাল ২৬১৩-২৫৯৪ খ্ৰীষ্টপূৰ্ব আৰু খুফুৰ শাসনকাল ২৫৯5-2465 আছিল বুলি জনা যায়। কোনো কোনো ঐতিহাসিকে খুফুৰ শাসনকাল ২৫৪৫-২৫১০ খ্ৰীষ্টপূৰ্ব আছিল বুলি মতপোষণ কৰে।

খুফু সম্ৰাট চেনেফ্লু আৰু মহাৰাণী হেটেফেৰেচৰ পুত্ৰ। খুফুই চাৰিগৰাকী ৰাণীৰ পাণিগ্ৰহণ কৰিছিল। প্রথমা ৰাণীৰ নাম মেৰীটিটিচ। মেৰীটিটিচৰ সমাধি এই তিনিটা পিৰামিডৰ কোনোবা এটাত থকা বুলি অনুমান কৰা হয়। দ্বিতীয়  াকী ৰাণীৰ নাম অজ্ঞাত। তৃতীয় াকী ৰাণীৰ নাম হেনুৎচন আৰু চতুৰ্থ গৰাকী ৰাণীৰ নাম নেফর্টকউ। নেফেটকউ চেনেফুৰ জ্যেষ্ঠ কন্যা আছিল। কাৰণ তেতিয়া ৰাজপৰিয়ালৰ লোকসকলে নিজৰ সহোদৰ ভনীয়েক অথবা বায়েকক বিয়া কৰোৱাৰ নিয়ম প্রচলিত আছিল।খুফুৰ দুজন পুতেক আছিল। চেফেৰেন আৰু মেনকাউৰ।

খুফুৰ পিৰামিডৰ কাষতে দ্বিতীয়টো বৃহৎ পিৰামিড খুফুৰ পুতেক চেফেৰেনে নিৰ্মাণ কৰাইছিল। এই পিৰামিডটোৰ উচ্চতা ৪৩১ ফুট। ইয়াৰ উপৰিভাগৰ প্লাষ্টাৰ এতিয়ালৈকে উজ্জ্বল হৈ আছে। ইয়াৰ প্ৰতিটো ফাল (কাষ) ৭০৭.৯ ফুট (২১৬ মিটাৰ)। চেফেৰেন চতুৰ্থ ৰাজবংশৰ আঠগৰাকী সম্ৰাটৰ চতুৰ্থগৰাকী সম্রাট আছিল।

 একেবাৰে দক্ষিণ ফালে অন্তিম অর্থাৎ তৃতীয় পিৰামিডটো অৱস্থিত। ইয়াৰ উচ্চতা ২১৮ ফুট (৬৬ মিটাৰ)। ইয়াৰ প্ৰতিটো ফাল ৩৫৬.৬ ফুট (১০৯মিটাৰ)।চেফেৰেনৰ ভায়েক মেনকাউৰে পিৰামিডটো নিৰ্মাণ কৰোৱাইছিল। কথিত আছে যে, ৩৪০০ খ্ৰীষ্টপূৰ্বৰপৰাই মিছৰৰ পিৰামিড নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। তেতিয়া মাটিৰে ওখ ঢিপৰ দৰে জখলাৰ আকৃতিৰ পিৰামিড নিৰ্মাণ কৰা হৈছিল। কিন্তু ফেৰো জোছেৰৰ দিনৰপৰা মাটিৰে তৈয়াৰী ইটাৰে পিৰামিড নিৰ্মাণৰ কাম আৰম্ভ হয়। ২৬৩০ খ্ৰীষ্টপূৰ্বত জোছেৰে বাস্তুশিল্পী ইম্‌হোটেপক অদ্ভুত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল স্থপত্যবিদ ইম্‌হোটে পে চাক্কাৰা নামৰ ঠাইত পিৰামিডটো খ্ৰীষ্টপূৰ্ব ২৬৩০- ২৬১১ ৰ ভিতৰত নিৰ্মাণ কৰিছিলইয়াক বিশ্বৰ প্ৰাচীনতম সমাধি ক্ষেত্ৰ হিচাপে গণ্য কৰা হয়।পিৰামিডটোত ছটা সমাধি আছেইয়াৰ উচ্চতা আছিল প্রায় ২০০ ফুট। ৩৫৪ ফুট দীঘল আৰু ৩০৯ ফুট বহল আয়তাকাৰ ভেটিৰ ওপৰত পিৰামিডটো নিৰ্মাণ কৰা হৈছিল। এই প্ৰাৰম্ভিক পৰ্যায়ৰ পিৰামিডত প্লাষ্টাৰ কৰা হোৱা নাছিল। ইয়াৰ পাছৰ পৰ্যায়ৰ পিৰামিডতহে সম্রাট চেনেফ্লুৰ কবৰ আছিইয়াৰ পাছত প্ৰায় ৭০ টা পিৰামিড নিৰ্মাণ কৰা হৈছিল। ১৮৪২ চনত কাৰ্ল ৰিচাৰ্ড লেপচিয়াচে ৬৭ টা পিৰামিড জীপ কৰি উলিয়াইছিল। ২০০৮ চনৰ নৱেম্বৰ মাহলৈকে ১১৮ টা পিৰামিড জৰীপ কৰি উলিওৱা হৈছে।

এই পিৰামিডবোৰ মিছৰৰ লগতে সমগ্ৰ বিশ্বৰ অমূল্য সম্পদ। এই পিৰামিডবোৰে প্ৰাচীন মিছৰৰ সভ্যতা-সংস্কৃতিৰ পৰিচয় বহন কৰি আছে। বিশালতা আৰু অপূৰ্ব নিৰ্মাণ শৈলীৰ কাৰণে মিছৰৰ পিৰামিডক পৃথিবীৰ সাতটা আচৰিত বস্তু ভিতৰত গণ্য কৰা হয়।

                বেবিলনৰ শূন্যোদ্যান

বৰ্তমানৰ ইৰাক অতীজত মেচোপটেমিয়া নামেৰে জনাজাত আছিলইউফ্ৰেটিছ নদীৰ পাৰত মেচোপটেমিয়াৰ বিকাশ হৈছিল। সভ্যতাৰ বিকাশে কেবাটাও বিশেষ সৌধ আৰু কীৰ্তিচিহ্নৰ জন্ম দিছিল। সেইবোৰৰ ভিতৰত বেবিলনৰ শূন্যোদ্যান অন্যতম। মেচোপটেমিয়ানসকলৰ মতে বেবিলনৰ অৰ্থ হ'ল- ঈশ্বৰৰ দুৱাৰ। ই প্রাচীন যুগৰ সতোটা আচৰিত বস্তুৰ এটা। কিন্তু স্মৰণযোগ্য যে সম্প্ৰতি উদ্যানখনৰ অস্তিত্ব পাবলৈ নাই। ইয়াৰ সঠিক অৱস্থিতিও এতিয়ালৈকে চিহ্নিত কৰা সম্ভৱ হোৱা নাই।

3

বোৰ্ছাছ নামৰ এগৰাকী পাদুৰী চাহাবে বর্তমান ইৰাকৰ বাবিল প্ৰদেশৰ হিল্লাহত ২৯০ খ্ৰীষ্টপূৰ্বত উদ্যানখন আছিল বুলি উল্লেখ কৰিছিল। এই তথ্যৰ বাহিৰে উদ্যানখনৰ অৱস্থিতিৰ কোনো সঠিক তথ্য এতিয়ালৈকে উদ্ধাৰ কৰা সম্ভৱ হোৱা নাই। ইয়াৰ কাৰিকৰী বিশেষতা আৰু বিন্যাসৰ কাৰণে গ্ৰীকসকলে ইয়াক পৃথিবীৰ সাতোটা আশ্চর্য বস্তুৰ ভিতৰত অন্তৰ্ভূক্ত কৰিছিল; কিন্তু নামৰ অনুৰূপত উদ্যানখন প্ৰকৃততে শূন্যত ওলমি নাছিল। স্থায়ী ৰূপত মাটিৰ ওপৰতে নিৰ্মাণ কৰা হৈছিল উদ্যানখন। ইয়াক প্রাসাদৰ লগত এনে এক বিশেষ কৌশল অৱলম্বন কৰি নিৰ্মাণ কৰা হৈছিল যে ইয়াক দূৰৰ ওলমি থকা যেন প্রতীয়মান হৈছিল। বিশেষ শৈলীত নিৰ্মাণ কৰা প্ৰাসাদৰ বাৰাণ্ডাত ক্ৰমৱদ্ধভাবে ফুল আৰু লতাজতীয় গছ লগোৱা হৈছিল আৰু গছ-লতাবোৰ বাঢ়ি অহাৰ পাছত ছাদৰপৰা ওলমি থকা যেন প্রতীয়মান হৈছিল। ফলত প্রাসাদটো আকর্ষণীয় হৈ উঠিছিল। এই উদ্যানখন মাথোন ভব্যতা আৰু কাৰিকৰী বিশেষত্বৰ কাৰণেই প্ৰসিদ্ধ নাছিল, উদ্যানখনে প্রাসাদটোৰ বাতাৱৰণ সেউজ শ্যামল কৰি ৰখাৰ লগতে প্ৰাসাদটো শীতল কৰিও ৰাখিছিল।

এই শূন্যোদ্যানখন নির্মাণ সম্পর্কে ইতিহাসবিদসকলৰ মাজত মতভেদ থকা দেখা যায়। কিছুমানে ইয়াক মহাৰাণী সন্মুৰাতৰ সময়ৰ বুলি মতপোষণ কৰে যদিও কিছুমানে আকৌ সম্রাট নেবুচদনেজ্জৰে নিৰ্মাণ কৰা বুলিও মতপোষণ কৰে। কথিত আছে যে, অচীৰিয়াৰ সম্রাট আদাদ নিৰাৰী তৃতীয় (৮১০- ৭৮৩ খ্ৰীষ্টপূর্ব) মেচোপটেমিয়াৰ শাসক আছিল আৰু তেওঁৰ মাক মহাৰাণী সন্মুৰামাতে এই অদ্ভুত উদ্যানখন নিৰ্মাণ কৰাইছিল। সন্মুৰামাতক গ্ৰীক ভাষাত চেমেৰামিচনামেৰে জনা

যায়। কিছুমানৰ মতে নেবুচদনেজ্জৰ-দ্বিতীয় (৬০৫-৫৬২ খ্ৰীষ্টাব্দ) নামৰ শাসক এগৰাকীয়ে মেচোপটেমিয়াত ৰাজত্ব কৰিছিল আৰু তেওঁ বেবিলনীয় সাম্রাজ্য প্রতিষ্ঠা কৰিছিল। তেওঁ অচীৰিয়াক নিজৰ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল আৰু পৰ্বতীয়া এলেকাৰ এমীটিচ নামৰ এগৰাকী ৰাজকুমাৰীৰ পাণিগ্ৰহণ কৰিছিল। কিন্তু বিয়াৰ পাছত সম্ৰাটে বেবিলনৰ জলবায়ু এমীটিচৰ অনুপযোগী বুলি সম্ৰাটে উপলব্ধি কৰিবলৈ ধৰে আৰু প্ৰেয়সীৰ সন্তুষ্টিৰ বাবে তেওঁ বেবিলনৰ বাতাৱৰণ এমীটিচৰ উপযোগী কৰি তুলিবলৈ শূন্যোদ্যানখন নিৰ্মাণ কৰায়- যাতে এমীটিচে স্বাচ্ছন্দ্যে বসবাস কৰিব পাৰে।

বহু কবি আৰু সাহিত্যিকৰ ৰচনাত উদ্যানখনৰ বৰ্ণনা পোৱা যায়। পাৰস্যৰ সেনা বাহিনীয়ে খ্ৰীষ্টপূর্ব ৫৩৯ত উদ্যানখন অধিকাৰ কৰি নিজৰ দখললৈ নিয়াৰো প্ৰমাণ আছে।

বেবিলনীয় যুগত স্থাপত্য শিল্পই বহুখিনি বিকাশ লাভ কৰিছিল। এই শূন্যোদ্যানখন ইয়াৰ উজ্জ্বল দৃষ্টান্ত। নথি-পত্ৰৰ পৰা জনা যায় যে, এই উদ্যান সদৃশ প্রাসাদটো ছমহলীয়া আছিল আৰু ওপৰলৈ উঠি যোৱাৰ কাৰণে আহল-বহল খটখটী আছিল। প্রাসাদটো ৪০০ ফুট (১২০ মিটাৰ) বিস্তৃত এটি চাৰিকোণীয়া পকী ভেটিৰ ওপৰত ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু প্রাসাদৰ চাৰিও ফালে বাৰাণ্ডা আছিল। বাৰণ্ডাৰ ছাদ অর্থাৎ চোতাল মাটিৰে পূৰ কৰি গছৰ পুলি লগোৱা হৈছিল। পানী সৰকি যোৱাত বাধাৰোপ কৰিবলৈ বিটুমিন (এক প্ৰকাৰ আঠা জাতীয় খনিজ পদাৰ্থ) আৰু কাঁচৰ মিশ্ৰণ তৈয়াৰ কৰি মাটিৰ লগত মিহলাই দিয়া হৈছিল।

বিশ্বৰ চুক-কোণৰ পৰা ফুল, গছ-লতাৰ পুলি আনি উদ্যানখনত ৰোপণ কৰা হৈছিল। নিৰ্মাণ শৈলী ইমানেই মজবুত আছিল যে ১২ ফুট ব্যাসৰ গছো লগোৱা সম্ভৱ আছিল উদ্যানখনত। ইউফ্রেটিচৰ দ-জলাশয় অঞ্চলৰ মাটিৰ লগত নল- খাগৰিৰ গুড়ি মিশ্ৰণ কৰি তৈয়াৰ কৰা ইটা ৰদত শুকুৱাই পাছত জুইত সেকি প্রাসাদ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হৈছিল। ফলত বাহিৰৰ জলবায়ুৰ প্ৰভাৱ প্রাসাদৰ অভ্যন্তৰ ভাগত নপৰিছিল। ইটাবোৰক পৰস্পৰৰ লগত জোৰা লগোৱাৰ কাৰণে তিনি তৰপকৈ মচলা লগোৱা হৈছিল। প্রথম তৰপত বিটুমিন আৰু নল-খাগৰিৰ গুড়িৰ মিশ্ৰণ, দ্বিতীয় তৰপত মাটি আৰু জিপচামৰ মিশ্ৰণ, তৃতীয় তৰপত ব্যৱহাৰ কৰা হৈছিল কাঁচ। প্ৰতিটো মহলাৰ চাৰিওফালে থকা বাৰাণ্ডা মটিৰে পূৰ কৰি ফুলৰ পুলি লগোৱা হৈছিল আৰু ফুলৰ পুলিৰ মাজে মাজে খোজ কাঢ়ি ফুৰিব পৰাকৈ বাট আছিল।বাগিছাখনৰ কাষে কাষে ঘূৰণীয়া স্তম্ভ আছিল আৰু স্তম্ভৰ পিছফালে থকা বাৰাণ্ডা প্রাসাদৰ অংশ আছিল। এই অদ্ভুত উদ্যানখন মাটিৰপৰা ৪০০ ফুট ওখত আছিল।ফলত দূৰৰ পৰা ইয়াক নকল পাহাৰৰ দৰে দেখা গৈছিল। বাৰাণ্ডাৰ লগত সংলগ্ন ঘূৰণীয়া স্তম্ভ আছিল। স্তম্ভবোৰৰ ওপৰত চেপেটা বহল শিলৰ পটা স্থাপন কৰা হৈছিল। পটাবোৰ ১৬ ফুট দীঘল আৰু ৪ ফুট বহল আছিল। পটাবোৰৰ ওপৰত বিটুমিন আৰু নল-খাগৰিৰ গুড়িৰ মিশ্ৰণ সিঁচৰতি কৰি দিয়া হৈছিল। এই মিশ্রণৰ ওপৰত আকৌ ইটা পাৰি দি পানী সৰকি যাব নোৱাৰাকৈ স্থায়ীৰূপত বিটুমিনৰ জৰিয়তে গাঁথি দিয়া হৈছিল। উদ্যানত যোগান ধৰা পানী চাৰিওফালে বোৱাই নিয়াৰ কাৰণে ছাদৰ ওপৰত কাঁচৰ এটা তৰপ স্থাপন কৰা হৈছিল।গছ-লতাৰ শিপা সহজে বিস্তাৰ হোৱাৰ কাৰণে ইয়াৰ ওৰপত আকৌ ডাঠকৈ এতৰপ মাটি জাপি দিয়া হৈছিল। তেতিয়াৰ বেবিলনৰ লগত সম্পর্ক থকা প্ৰতিখন দেশেই উদ্যানখন নির্মাণত সহযোগিতা কৰিছিল আৰু নিজৰ নিজৰ দেশৰ বনস্পতি যোগান ধৰিছিল। ফলত এক অদ্ভুত ধৰণৰ মৰ্যদা পাইছিল উদ্যানখনে।

উদ্যানখনৰ নিৰ্মাণ পদ্ধতিৰ লগতে ইয়াৰ জলসিঞ্চন পদ্ধতিও অদ্ভুত আছিল। যাৰ ফলত ইমান ওপৰলৈ পানী বোৱাই নিবলৈ সক্ষম হৈছিল। পাইপ আৰু পেঁচ গজাল (ইক্কু)ৰ সহায়ত ৫০ মাইল ( কিলোমিটাৰ)আঁতৰৰ ইউফ্ৰেটিচ নদীৰপৰা পানী বোৱাই নি উদ্যানখনত পানী যোগান ধৰা হৈছিল। এই ইচ্‌ক্রু সম্ভৱতঃ আৰ্কিমিডিচৰ সিদ্ধান্তৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।

জার্মান অনুসন্ধানকাৰী ৰবাৰ্ট কোল্ডবীয়ে বেবিলন প্রাসাদৰ উত্তৰ-পূব কোণত পানীৰ নিজৰা থকা এটা কোঠালি তথা ধেনুভিৰীয়া এটা খিলান দেখা পাইছিল। তেওঁ তাত এটা বিচিত্ৰ ধৰণৰ কুঁৱাও দেখা পাইছিল। প্রাসাদৰ তলৰ মহলাৰ এটা কোঠালিত ধুৰাও দেখা পাইছিল তেওঁ। সম্ভৱতঃ ধুৰাৰ সহায়ত ছাদলৈ পানী বোৱাই নিছিল। ধুৰাৰ জৰিয়তে কুঁৱাৰপৰা পানী তুলি পাইপৰ সহায়ত উদ্যানখনত পানী যোগান ধৰা হৈছিল। নিশ্চয় এই কুঁৱা আৰু ধুৰাই উদ্যানখন সেউজ শ্যামল কৰি ৰখাত সহায় কৰিছিল।

কথিত আছে যে, উদ্যানখনৰ ওপৰ মহলাৰ ছাদৰ ওপৰত ইঞ্জিন লগোৱা হৈছিল। এই ইঞ্জিনৰ জৰিয়তে সমগ্ৰ উদ্যানলৈ পানী বোৱাই নিয়া হৈছিল। যাৰ ফলত উদ্যানখন সদায় সেউজ শ্যামল হৈ থাকিছিল। গছ-লতাবোৰ বতাহত হালিজালি থাকিলে সমগ্র উদ্যানখনে হালিজালি থকা যেন প্রতীয়মান হৈছিল। ইয়াৰ লগতে পানী বোৱাই নিয়া নিজৰাবোৰৰ পৰা সৃষ্টি হোৱা কুলু কুলু ধ্বনি আৰুশীতল বতাহে ৰজাঘৰীয়া লোকসকলক আনন্দ প্ৰদান কৰিছিল।

     ইতিহাসৰ ছাঁ-পোহৰতাজমহল।

তাজমহল প্ৰেমৰ অপূৰ্ব নিদর্শন। জোনাক নিশা যিয়ে তাজমহলৰ অপূৰ্ব সৌন্দৰ্য প্ৰত্যক্ষ কৰা নাই, তেওঁ একোকে দেখা নাই বুলি এযাৰ প্ৰবচন প্রচলিত আছে। ৰূপালী জোনাক বিধৌত তাজমহলৰ স্বপ্নময় ৰূপময় সৌন্দর্য উপভোগ কৰাৰ সোৱাদে বেলেগ ।মোগল শাসনকালত কেবাটাও ঐতিহাসিক স্থাপত্য নিৰ্মাণ কৰা হৈছে। সেই স্থাপত্যসমূহৰ ভিতৰত সম্ৰাট চাহজাহানে নিৰ্মাণ কৰা আকৰ্ষক আৰু অদ্ভুত তাজমহল পৃথিবীৰ সপ্তম আচৰিত বস্তুৰ ভিতৰত অন্যতম। গাখীৰৰ দৰে বগা চিক্‌চিকিয়া মিহি মাৰ্বল শিলেৰে নিৰ্মিত তাজমহল ছাহজাহান আৰু মমতাজৰ অমৰ প্ৰেমৰ অপূৰ্ব নিদর্শন। ছাহজাহানে প্রিয়তমা বেগম মমতাজৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈকে সমাধি সৌধ তাজমহল নিৰ্মাণ কৰাইছিল

 চাহজাহান আছিল পঞ্চম মোগল বাদচাহ। তেওঁ ১৬২৮ চনৰপৰা ১৬৫৮ চনলৈ ৰাজত্ব কৰিছিল।

ছাহজাহানৰ তিনিগৰাকী বেগম আছিল। কিন্তু তেওঁ আটাইতকৈ কনিষ্ঠ বেগম মমতাজকহে গভীৰভাবে ভাল পাইছিল। মমতাজৰ প্ৰকৃত নাম আছিল আর্জুমন্দ বানু বেগম। ১৬১২ চনত ছাহাজাহান মমতাজৰ লগত বিবাহপাশত আৱদ্ধ হয়। কথিত

আছে যে, মমতাজ বেগ জীৱনকালত ১৪ টা সন্তানৰ মাতৃ হৈছিল। অন্তিম সন্তানটো জন্মৰ সময়ত ১৬৩১ চনৰ ৭ জুনত মমতাজ বেগম মৃত্যুমুখত পৰে। মৃত্যুৰ সময়ত মমতাজ বেগমে তেওঁৰ কবৰটো এক বিশেষ ধৰণে নিৰ্মাণ কৰাৰ কাৰণে ছাহজাহানৰ ওচৰত ইচ্ছা প্ৰকাশ কৰিছিল- যাতে তেওঁলোকৰ প্ৰেমৰ নিদৰ্শন চিযুগমীয়া হৈ থাকে। মমতাজৰ অন্তিম ইচ্ছা পূৰ্ণ কৰিবলৈ ছাহজাহানে তাজমহল নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিল। বিশ্ববিশ্রুত তাজমহল প্ৰকৃততে মমতাজ বেগম আৰু ছাহজাহানৰ সমাধি ক্ষেত্ৰহে। মৃত্যুৰ পাছত ছাহজাহানকো মমতাজৰ সমাধিৰ কাষতে কবৰ দিয়া হৈছে। সংস্কৃত, হিন্দী, পাৰ্চীভাষা বিশাৰদ বিদ্বান আৰু স্থাপত্য কলাত বিশেষজ্ঞসকলে ছাহজাহানৰ মৃত্যু ১৬৬৬ চনৰ ২২ জানুৱাৰীত হোৱা বুলি মতপোষণ কৰে। কোনো কোনো ঐতিহাসিকে আকৌ ছাহজাহানৰ মৃত্যু ১৬৬৬ চনৰ ১ ফেব্ৰুৱাৰীত হৈছিল বুলি মতপোষণ কৰাৰ লগতে তেওঁৰ শাসনকাল ১৬৩২ চনৰপৰা ১৬৪৯ চনলৈ আছিল বুলি ক'ব খোজে।

মমতাজৰ মৃত্যুৰ পাছত ছাহজাহান গভীৰ শোক সাগৰত নিমজ্জিত হৈ পৰে আৰু নিৰ্জন পৰত নিঃসংগ অনুভৱ কৰিবলৈ ধৰে। ফলত তেওঁ মমতাজৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ সিদ্ধান্ত লৈ দেশ-বিদেশৰপৰা কুশল চিত্রশিল্পী, স্থাপত্যবিদসকলক আগ্রা লৈ আমন্ত্ৰণ কৰি আনে। তুর্কী, ফ্রান্স, ইটালী, ইৰাণ আদি দেশৰপৰা কেবাগৰাকী দক্ষ স্থপতি আৰু চিত্ৰশিল্পী আগ্রা লৈ আহি সমাধি সৌধৰ নক্সা আঁকি কৰি দেখুৱালে। কিন্তু কোনো এটা নক্সাই ছাহজাহানৰ চিন্তাৰ অনুৰূপ নহল ৷ছাহজাহানে অপৰূপ আৰু ব্যতিক্রমী কিবা নিৰ্মাণ কৰিব খুজিছিল। যাৰ গুৰুত্ব আৰু আকৰ্ষণ যেন তেওঁৰ মৃত্যুৰ লগে লগেই শেষ হৈ নাযায় আৰু লগতে মমতাজ আৰু তেওঁৰ অপৰূপ প্ৰেমগাঁথা যুগ যুগ লৈ যুগমীয়া কৰি ৰাখিব পাৰে। সেয়ে তেওঁ দক্ষ শিল্পী আৰু স্থপত্যবিদসকলৰ এটা পৰিষদ গঠন কৰি দিলে। অৱশেষত ইৰাণৰ কাৰ্কিৰ ইছা খানৰ নক্সা তেওঁৰ পছন্দ হল- যিটো আছিল তেওঁৰ কল্পনাৰ অনুৰূপ। কিছুমানে আকৌ ভাৰতীয় কাৰিকৰ ইছা খানে নক্সাটো আঁকিছিল বুলি 'ব খোজে।

নক্সা তৈয়াৰ হোৱাৰ পাছত ভাৰতীয় কাৰিকৰ ওস্তাদ আহমদ লাহোৰীক তাজমহল নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হয়। আহমদ লাহোৰীক দিল্লীৰ লালকিল্লা নিৰ্মাণৰ দায়িত্বও অৰ্পণ কৰা হৈছিল। মূল সৌধ নির্মাণৰ দায়িত্ব আহমদ লাহোৰীক অৰ্পণ কৰাৰ পাছত বিভিন্ন বিভাগত দক্ষ কাৰ্কিৰসকলক বিভিন্ন বিভাগৰ দায়িত্ব অর্পণ কৰা হয়। এই দক্ষ কাৰিক্ৰসকল আছিল মূল নক্সা তৈয়াৰ কৰা কাৰিকৰ ইছা খান, গম্বুজ নির্মাণকাৰী ইছমাইল আকন্দী, নানা ৰঙৰ শিল আৰু কাঁচ তৈয়াৰ কৰাত দক্ষ চিৰঞ্জীৱ পাল, শিল পালিচ কৰাত দক্ষ আমিৰ খান আৰু বহুমূখী প্রতিভাসম্পন্ন কাদিৰ জামাল খান। এইসকল কাৰিকৰে তাজমহল নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাজমহল নিৰ্মাণৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা শিল্পী আৰু কাৰিক্ৰসকলৰ নাম বহুদিনলৈ অজ্ঞাত আছিল যদিও এই বিষয়ে বর্তমান ব্যাপক অনুসন্ধানৰ কাম আৰম্ভ হৈছে। তিনি শতাব্দী পাছত তাজমহল নিৰ্মাণৰ লগত জড়িত শিল্পীসকলৰ নাম তাজমহলৰ দেৱালৰ পৰা উদ্ধাৰ কৰা হৈছে। ভাৰতীয় স্থাপত্য সংৰক্ষণ বিভাগৰ দ্বাৰা লোৱা প্ৰচেষ্টাৰ পৰা সন্ধান পোৱা গৈছে যে, তাজমহল নিৰ্মাণৰ ক্ষেত্ৰত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কাৰিকৰে মিলিজুলি কাম কৰিছিল আৰু তাজমহলৰ দেৱালত পোনপটীয়া আৰু প্ৰতীকৰ ৰূপত তেওঁলোকৰ নামবোৰ অংকন কৰিছিল।তাজমহলৰ মূল সমাধিক্ষেত্ৰতো মুখ্য স্থপতিসকলৰ নাম পোৱা গৈছে। বালীয়া শিলেৰে নিৰ্মিত যমুনাৰ ফালে থকা দেৱালতো এনে কিছুমান প্রতীক চিহ্ন পোৱা গৈছে- যিবোৰে কেবাগৰাকী কাৰিকৰৰ নামৰ সংকেত বহন কৰিছে। যমুনাৰ পাৰত নিৰ্মিত ৩০০ মিটাৰ দীঘল আৰু ৯.৬৮ মিটাৰ ওখ দেৱালত প্রায় ৬৭১ টা প্ৰতীক চিহ্ন পোৱা গৈছে। সেই চিহ্নবোৰক মুখ্যতঃ তিনিটা ভাগত ভগোৱা হৈছে। কাৰিৰসকলৰ চিহ্ন, কাৰিকসকলৰ নাম তথা এই দুটাৰ মিশ্ৰিত ৰূপ। প্রতীকবোৰৰ ভিতৰত কাৰিকৰসকলৰ চিহ্নই সর্বাধিক।

তাজমহলৰ দেৱালত পোৱা চিহ্নত ত্ৰিভুজ, স্বস্তিক, তৰা, হাঁকোটাৰ আকৃতি, ফুল, ডম্বৰু, ত্ৰিশূল, শৰ, কুঠাৰ তথা গছেই প্রধান ৰূপত বিদ্যমান। দেৱালৰ বেৰত ৰাময়াদ, মঘা, পহুথ, গাগা, সবল, হমাৰ, হৰিদাস, নাথু, পাৰাৰাম, ভগবান ৰামদাস, কসী, ধনমাল, হাৰা আদি নামবোৰ পোনপটীয়া ৰূপত লেখিত আকাৰত পোৱা গৈছে। ইতিহাসত জীৱন্ত হৈ থকাৰ কাৰণে হয়তো কাৰিকসকলে নামবোৰ পোনপটীয়া আৰু প্ৰতীকৰ ৰূপত দেৱাল আৰু ফুটপাথত কৰণিৰে অংকন কৰিছিল।

তাজমহল নির্মাণ কৰাৰ আগতেই ইয়াৰ ৰূপৰেখাৰ অন্তিম ৰূপ দিয়া হৈছিল, কিয়নো মোগলসকলে নির্মাণকার্যত সংশোধন আৰু অতিৰিক্ত নির্মাণ পছন্দ নকৰিছিল। তাজমহল নিৰ্মাণৰ কাম ১৬৩২ চনত আৰম্ভ কৰা হৈছিল আৰু ১৬৪৩ চনত সমাপ্ত হৈছিল। কিন্তু ইয়াৰ সম্পূৰ্ণ পৰিসৰৰ নিৰ্মাণৰ কাম ২১ বছৰ পৰিশ্ৰমৰ অন্তত ১৬৫৩ চনতহে সম্পূৰ্ণ হৈছিল

এগৰাকী ফৰাচী পৰ্যটক বেপ্টিষ্ট টেঙেনিয়াৰৰ মত অনুসাৰে ২০,০০০ জন শ্রমিকে ২০ বছৰ দিনে-ৰাতি পৰিশ্ৰম কৰি তাজমহল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্যত ১৬৫৩ চনৰ মূল্য অনুসৰি ৩২ মিলিয়ন ভাৰতীয় টকা ব্যয় হৈছিল। আন এগৰাকী ফৰাচী পৰ্যটকে তাজমহল নিৰ্মাণৰ বাবে ৩০ মিলিয়ন টকাৰো অধিক ব্যয় হৈছিল বুলি মতপোষণ কৰিছে। আন এক তথ্য অনুসৰি ২০,০০০ জন শ্রমিক আৰু স্থপত্যবিদে ২০ বছৰ পৰিশ্ৰম কৰি তাজমহল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ১৮,৪৮,৮২৬ টকা ৭ অনা ব্যয় হৈছিল বুলি জনা যায়। ইয়াৰ মাজত ছপা কাৰ্যৰ খৰচ বেলেগে কৰা হৈছিল।

তাজমহল নির্মাণ ব্যয়ৰ ক্ষেত্ৰত মতভেদ থাকিলেও শ্রমিক আৰু সময়ৰ ক্ষেত্ৰত সকলোৰে মত একে থকা দেখা যায়। ২০১৫ চনৰ তথ্য মতে বৰ্তমানৰ ভাৰতীয় টকাৰ মূল্য অনুসৰি ইয়াৰ নিৰ্মাণ বাবদ ৫২.৮ বিলিয়ন টকা(৮২৭ মিলিয়ন ডলাৰ) ব্যয় হৈছিল বুলি অনুমান কৰা হৈছে।

ছাহজাহানে ৰাজপ্রাসাদৰ পৰা তাজমহল সদায় দেখা পোৱাটো বিচাৰিছিল। সেয়ে তাজমহল যমুনা নদীৰ দক্ষিণ পাৰত নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোলৈছিল । তাজমহল ৰঙা শিলৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ উচ্চতা ২৪০ ফুট (৭৩ মিটাৰ)আৰু চোতাল বগা মাৰ্বল শিলেৰে নিৰ্মিত। কথিত আছে যে, তাজমহলত ব্যৱহাৰ কৰা মাৰ্বল-শিল ৰাজস্থানৰ নাগৌৰ জিলাৰ পৰা আমদানি কৰা হৈছিল। তাজমহল চাৰিওফালৰপৰা দেখিবলৈ একে। ইয়াৰ ভেটিৰ চাৰি কোণত চাৰিটা স্তম্ভ আছে আৰু স্তম্ভবোৰৰ শীৰ্ষত এটাকৈ গম্বুজ আছে।মূল সৌধৰ ওপৰতো এটা গম্বুজ আছে। গম্বুজটোৰ উচ্চতা প্রায় ৩৫ মিটাৰ (১১৫ ফুট) আৰু ইয়াৰ ওজন ১২,১৫০ টন। গম্বুজটো ৭ মিটাৰ (২৩ ফুট) ওখ এটা ড্ৰামৰ ওপৰত স্থাপন কৰা হৈছে। ড্রামটোৰ ওজন ৬,০০০ টন। গম্বুজৰ শীৰ্ষত প্রতীকৰ ৰূপত জোনৰ চিহ্ন স্থাপন কৰা হৈছে। সমাধি সৌধৰ অভ্যন্তৰীণ বিন্যাস আঠ কোণীয়া কোঠালিৰ ৰূপত কৰা হৈছে- য'ত আছে মমতাজ আৰু ছাহজাহানৰ কবৰ। সমাধি সৌধৰ মাজে মাজে জালিকটা দেৱাল নিৰ্মাণ কৰা হৈছে- যত অদ্ভুত কিৰণ বিক্ৰিৰণ কৰা বহুমুলীয়া পাথৰ বহোৱা আছে। পাথৰবোৰ বিশ্বৰ চুক-কোণৰপৰাঅনা হৈছিল।

মাথোন মাৰ্বল শিলেৰে নিৰ্মিত সমাধি সৌধটোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয়, সমগ্ৰ পৰিসৰে আকৰ্ষক। এই পৰিসৰ উত্তৰ-দক্ষিণ দিশত আয়তাকাৰ ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ সম্পূৰ্ণ ক্ষেত্রফল ৯০২X১০০২ ফুট অর্থাৎ ৫৮০ X ৩০৫

মিটাৰ বিস্তৃত। ইয়াৰ মাজতে এখন বর্গাকাৰ বাগিচা আছে। এই বাগিচাখন উত্তৰ-দক্ষিণ দিশত আন দুখন সৰু আয়তাকাৰ বাগিচাৰে আগুৰা। তাজমহলৰ পৰিসৰ লৈ সোমোৱাৰ কাৰণে দক্ষিণ দিশত কলা বালীয়া শিলেৰে নিৰ্মিত প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰত কলাত্মকভাবে কুৰআনৰ বাণী খোদিত কৰা আছে। প্ৰৱেশদ্বাৰৰপৰা তললৈ চালে আদালত গৃহ দেখা যায়। ইয়াৰ পিছফালে ৰামবাগ নামৰ এখন বাগিচা আছে। তাজমহলৰ পৰিসৰৰ উত্তৰ প্ৰান্ত যমুনাৰ পাৰলৈ বিস্তৃত। এই উত্তৰ অংশতে মূল তাজমহল নিৰ্মাণ কৰা হৈছে। তাজমহলৰ পূব আৰু দক্ষিণ দিশ মছজিদ আৰু অতিথিশালাৰে আগুৰা- যাক জবাব গৃহ বা সভাগৃহ বুলি কোৱা হয়। দক্ষিণ দিশত বাহিৰৰ ফালে আস্তাৱল আৰু কৰ্মচাৰীসকলৰ আবাসগৃহ অৱস্থিত। তাজমহলৰ চাৰিকোণত নিৰ্মিত স্তম্ভ (মিনাৰ) চাৰিটাও মাৰ্বল শিলেৰে নিৰ্মিত। মিনাৰবোৰৰ উচ্চতা ৪০ মিটাৰ (১৩০ ফুট)। ভূমিকম্প বা আন কোনো প্রাকৃতিক কাৰণত মিটাৰকেইটা ভাঙি পৰিলে যাতে মূল সৌধৰ ওপৰত বাগৰি নপৰে তাৰ কাৰণে স্তম্ভবোৰ তাজমহলৰ বিপৰীত দিশত 2 ডিগ্রী হেলনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু ওপৰলৈ উঠি যোৱাৰ বাবে মিনাৰৰ ভিতৰেৰে খট্‌খটী আছে।ভূমিকম্পৰ জোকাৰণিৰপৰা ৰক্ষা কৰাৰ কাৰণে তাজমহলৰ ভেটি ৯০ মিটাৰ গভীৰৰপৰা নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰিসৰৰ চাৰিও ফালে দিয়া দেৱালৰ উচ্চতা ২৫ মিটাৰ (৮২ ফুট)। মাৰ্বল শিলৰে নিৰ্মিত মমতাজৰ কবৰৰ জোখ ৪ ফুট ১১ ইঞ্চি বাই ৮ ফুট ২ ইঞ্চি।

মোগল স্থাপত্য কলা বিশাৰদসকলৰ মত অনুসাৰে ১৭১৮ চনত হুছেইন আলী ছৈয়দে তাজমহলৰ বহুমূলীয়া পাথৰ আৰু আটক ধুনীয়া মালাবোৰ লৈ গৈছিল। ইয়াৰ পাছত ভৰতপুৰৰ ৰজা সূৰুজমলে উক্ত চনতে কবৰ দুখনত স্থাপন কৰা সোণৰ চাদৰ আৰু মূল্যবান পাথৰ লৈ গৈছিল। ইয়াৰ পাছতো তাজমহলৰ কেবাখনো দুৱাৰ নষ্ট কৰা হৈছিল। ব্ৰিটিচ শাসন কালত কাৰ্জনৰ দিনত দহজনীয়া সমিতিৰ চুপাৰিছ মৰ্মে তাজমহলৰ বৰ্তমান দুৱাৰবোৰ নিৰ্মাণ কৰা হৈছে।

লর্ড উইলিয়াম বেণ্টিকৰ শাসন কালত তাজমহল কথমপি নিলাম হোৱাৰ পৰা ৰক্ষা পৰিছে। সাম্ৰাজ্যৰ দেউলীয়া অৱস্থাৰ জোৰা মাৰিবলৈ বেণ্টিকে তেতিয়া কলিকতাৰপৰা প্ৰকাশিত জানবুলনামৰ বাতৰি কাকতত ১৮৩১ চনৰ ২৬ জুলাইত নিলামৰ জাননী প্ৰকাশ কৰিছিল। এক তথ্যানুসাৰে তাজমহল নিলামত কিনিবলৈ আহিছিল মথুৰাৰ এগৰাকী ধনবান শেঠ লক্ষ্মীচান্দ৷ তেওঁ তাজমহল সাত লাখ টকাত নিলামত কিনি হাতুৰী, বটালি, কুঠাৰলৈ তাজমহল ভাঙি বগৰাই দিবলৈ আহিছিল । আগ্ৰাৰ মোল্লাসকলে উক্ত কামৰ বিৰোধিতা কৰাৰ ফলত লক্ষ্মীচান্দ শ্রমিকসকলক লৈ উভতি যাবলৈ বাধ্য হৈছিল।

'ত ভাৰতীয় ধনবান লোক তাজমহল ভাঙি পেলোৱাৰ পক্ষপাতি আছিল, তাত কিন্তু এগৰাকী ব্ৰিটিচ সৈনিকে ইয়াৰ বিৰোধিতা কৰি ব্ৰিটিচ সংসদৰ সহায় লৈ তাজমহল ধ্বংস হোৱাৰপৰা ৰক্ষা কৰিছিল

সম্ৰাট ছাহজাহানৰ আন এক কৃতিত্ব হল বিশ্ব প্রসিদ্ধ ময়ূৰ সিংহাসন। তাজমহলৰ লগতে ময়ূৰ সিংহাসনো আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইতিহাসবিদ আব্দুল হামিদ আৰু সাদিল কম্বুহৰ মত অনুসাৰে সোণৰ বিশেষজ্ঞ শ্বাহী কাৰিকৰ বীৰাদল খানক ময়ূৰ সিংহাসন নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছিল। এই বহুমূলীয়া সিংহাসনখন নিৰ্মাণৰ কাৰণে ৪০,০০০ তোলা বহুমূলীয়া ধাতু ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্য ১৬৩৩ চনত সম্পন্ন হৈছিল। ইয়াক আকৰ্ষক কৰি তোলাৰ কাৰণে অভিলেখন, নানা ৰঙৰ শিল আৰু কাঁচৰ কামৰ লগতে লতা-পাত অংকন কৰা হৈছিল। কথিত আছে যে মমতাজৰ দ্বিতীয় মৃত্যু বার্ষিকীত ইয়াক মমতাজৰ কবৰত স্থাপন কৰা হৈছিল। ১৬৪২ চনত তাজমহলৰ সম্পূৰ্ণ পৰিসৰ নিৰ্মাণৰ কাম সম্পন্ন হোৱাৰ পাছত বননি তৈয়াৰৰ কাম আৰম্ভ কৰা হৈছিল। বননি তৈয়াৰ কৰাৰ বাবে দহ বছৰ সময় লাগিছিল আৰু ইয়াৰ বাবে ব্যয় হৈছিল ৫০,০০০ টকা। ইয়াত সূর্যকান্ত (এবিধ ৰঙা বৰণৰ বাখৰ) মণিৰে নিৰ্মিত এখন দুৱাৰ আছিল- যিটো এতিয়া নাই।

কথিত আছে যে, প্রতি শুক্র বাৰে লাখ লাখ টকাৰ বহুমূলীয়া মুকুতাৰ মালা গুঁঠি মমতাজৰ কবৰত স্থাপন কৰা হৈছিল।

মমতাজ আৰু ছাহজাহানৰ মূল কবৰলৈ বৰ্তমান কাকো যাবলৈ দিয়া নহয়। মূল কবৰৰ ওপৰত নির্মিত নকল কবৰহে পর্যটকসকলে দৰ্শন কৰিব পাৰে। নকল কবৰ তৈয়াৰ কৰাৰ কাৰণে বিশ্বৰ প্ৰসিদ্ধ কাৰিকৰ নিয়োগ কৰা হৈছিল।

কথিত আছে যে, তাজমহলৰ দৰে সৌধ যাতে কোনেও নিৰ্মাণ কৰিব নোৱাৰে তাৰ বাবে তাজমহলৰ লগত জড়িত নিৰীহ কাৰিকসকলৰ হাত কাটি পেলোৱা হৈছিলকিন্তু ইয়াৰ কোনো সাক্ষ্য নাই। প্ৰেমৰ দৰে মধুৰ ভাৱনাৰে নিৰ্মিত এই সমাধি সৌধৰ লগত জড়িত কাৰিকৰসকলৰ হাত কাটি পেলোৱা কথাটো কেতিয়াও সমর্থনযোগ্য হব নোৱাৰে।

             ৰোড্‌ছ দ্বীপ পিতলৰ মূৰ্ত্তি

ৰোড্‌ছ দ্বীপৰ পিতলৰ মূৰ্ত্তি বিশ্বৰ সপ্তম আশ্চর্য বস্তুৰ ভিতৰত অন্যতম। ইয়াক ৰোড্‌ছ অফ কলোছাছ নামেৰে জনা যায়। কলোছাছ এনেকুৱা মূৰ্ত্তিক কোৱা হয়, যাৰ আকাৰ স্বাভাৱিক আকাৰতকৈ বহুগুণে ডাঙৰ। কলোছাছ নিৰ্মাণৰ প্ৰক্ৰিয়া অতীজৰেপৰা প্ৰচলিত হৈ আহিছে। ভাৰত, চীন, জাপান, মেচোপটেমিয়া আদি দেশত সময়ে সময়ে এনেকুৱা বিশালাকায় মূৰ্ত্তি নিৰ্মাণ কৰা হৈছে। খ্রীষ্টপূর্ব ২৫৫০ ত নিৰ্মাণ কৰা ২৪০ ফুট (৭৩ মিটাৰ) ওখ ফিনিক্সৰ মূৰ্ত্তি, ১২৫১ চনত জাপানত নিৰ্মাণ কৰা ৩৭ ফুট (১১.৪ মিটাৰ) ওখ বুদ্ধদেৱৰ মূৰ্ত্তিক প্রাচীন কালৰ কলোছাছ বুলি জনা যায়। মধ্যযুগত পেৰিছত ২৮ ফুট (৮.৫ মিটাৰ) ওখ চেইণ্ট ক্ৰিষ্টোফাৰৰ মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল।

বিশ্ববিশ্রুত ভাস্কর্য শিল্পী মাইকেল এঞ্জেল'ই নিজৰ কল্পনাৰে একেডেমিয়াত ডেভিড' নামৰ কলোছাছটো নিৰ্মাণ কৰিছিল।আধুনিক যুগত আর্জেন্টিনা আৰু চিলিত ২৬ ফুট (৭.৯ মিটাৰ) ওখ ক্রাইষ্ট অফ দা এণ্ডেচৰ মূৰ্ত্তি আৰু আমেৰিকাতষ্টেচু অৱ লিবাৰ্টিৰ৩০৫ ফুট (৯৩ মিটাৰ) ওখ মূৰ্ত্তি নিৰ্মাণ কৰা হৈছে। প্রাচীন গ্রীকসকলে এপেলো অৱ ভিনাচতথা এথনা পাৰ্থিলোছৰ কলোছাছ নিৰ্মাণ কৰিছিল। এথনা পাৰ্থিলোছনামৰ কলোছাছটো সোণ আৰু হাতীদাঁতেৰে নিৰ্মাণ কৰা হৈছিল। গ্ৰীচতো আন এটা কলোছাছ নিৰ্মাণ কৰা হৈছিল। যিটো 'কলোছাছ অৱ ৰাঁডছনামেৰে বিশ্ববিখ্যাত।বিশালতা আৰু বিশেষত্বৰ কাৰণে প্রাচীন বিশ্বৰ সাতটা আশ্চৰ্যকৰ বস্তুৰ ভিতৰত এই বিশালাকায় কলোছাছটোকো অন্তৰ্ভূক্ত কৰা হৈছে।

ৰোড্‌ছ দ্বীপৰ উত্তৰে গ্ৰীচৰ ৰোড্‌ছ চহৰ অৱস্থিত। এই ৰোড্‌ছ চহৰতে নিৰ্মাণ কৰা হৈছিল বিশ্ববিখ্যাত কলোছাছটো। ৰোড্‌চবাসীসকলৰ আজন্ম শত্রু আছিল এণ্টিগুনাচ। তেওঁ ৰোড্‌চ দ্বীপত দূৰ্গ নিৰ্মাণ কৰি শাসন চলাই আছিল।। এণ্টিগুনাচক খেদি পঠিওৱাৰ কাৰণে ৪০০ খ্ৰীষ্টপূৰ্বত ৰোডচবাসীয়ে ইজিপ্তৰ সম্ৰাট টলেমি-১ৰ লগতৰ মিত্ৰতা কৰে আৰু ৰোডচবাসীক সহায়ৰ কাৰণে টলেমিয়ে এক বিশাল নৌবাহিনী প্ৰেৰণ কৰে। ফলত এণিটগুনাচৰ সেনাবাহিনী পলাই সাৰে। পলোৱাৰ সময়ত তেওঁলোকে দূৰ্গৰ প্ৰায়বোৰ সা-সামগ্ৰী এৰি থৈ যায়। সেই সামগ্ৰীসমূহ বিক্ৰী কৰি পোৱা ধনেৰে ৰোড্‌চবাসীসকলে বিজয়ৰ কীৰ্ত্তিচিহ্ন হিচাপে কলোছাছ নিৰ্মাণৰ সিদ্ধান্ত লয়। প্রাচীন গ্রীকসকলে সূৰ্যদেৱতাৰ উপাসনা কৰিছিল। এই বিশালাকায় কলোছাছটো সূৰ্যদেৱতাৰ প্ৰতীক ৰূপে নিৰ্মাণ কৰা হৈছিল। ৰোড্‌ছ দ্বীপৰ লিণ্ডোচ চহৰৰ ভাস্কৰ্য শিল্পী চার্লছে এই বিশালাকায় নগ্ন কলোছাছটো নিৰ্মাণ কৰিছিল। ১০০ ফুট (৩০ মিটাৰ) ওখ বিশালাকায় কলোছাছটো নিৰ্মাণৰ বাবে তাম আৰু তামৰ মিশ্রিত ধাতু ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ নিৰ্মাণৰ কাম ২৯২ খ্ৰীষ্টপূৰ্বত আৰম্ভ কৰি ২৮০ খ্ৰীষ্টপূৰ্বত সমাপ্ত কৰা হৈছিল।

কলোছাছটো থিয় কৰাই ৰখাৰ বাবে লোৰ দণ্ডৰ সহায় লোৱা হৈছিল আৰু বাগৰি নপৰাকৈ ৰখাৰ বাবে ভেটিটো শিলেৰে নিৰ্মাণ কৰা হৈছিল। মূৰ্ত্তিটোৰ মূৰত আমেৰিকাৰ স্বতন্ত্ৰতাৰ দেৱীৰ আকৃতিৰ অনুৰূপ মুকুট (কিৰীটি) পিন্ধোৱা হৈছিল।

এই বিশালাকায় মূৰ্ত্তিটো নির্মাণ সম্পর্কে এক কিংবদন্তি প্রচলিত আছে। ৰোড্‌ছ দ্বীপত ডেমোট্রিয়চ নামৰ এগৰাকী

শাসকে ৰাজত্ব কৰিছিল। তেওঁ ঈশ্বৰ বিৰোধী আছিল। সেয়ে তেওঁ ঈশ্বৰৰ উপাসনা নিষিদ্ধ কৰি দিছিল। এই নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰজাসকল বিদ্রোহী হৈ উঠে আৰু সম্ৰাটৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ ঘোষণা কৰে। প্ৰজাসকলৰ বিদ্ৰোহৰ কাৰণে সম্রাটে তেওঁৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়। এই কলোছাছটো নিৰ্মাণ কৰিয়ে প্রজাসকলে ক্ষোভ ব্যক্ত কৰিছিল আৰু সম্ৰাটৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল। এই মূৰ্ত্তিটোৰ বাঁও হাতত এডাল লাখুঁটি ধৰাই দিয়া হৈছিল আৰু সোঁহাতখন মূৰৰ ওপৰলৈ তুলি ধৰাকৈ নিৰ্মাণ কৰা হৈছিল। এই উত্তোলিত হাতখনে প্ৰত্যাহ্বানৰ সংকেত বহন কৰিছে। কালক্ৰমত এই মূৰ্ত্তিটো জনগণৰ বিজয়ৰ প্ৰতীক হৈ পৰে।

এই মূৰ্ত্তিটো চাৰ্লছ নামৰ এগৰাকী ভাস্কৰ্যবিদে পিতলেৰে নিৰ্মাণ কৰিছিল। তেওঁ মূৰ্ত্তিটো ৰোডছ দ্বীপৰ প্ৰৱেশদ্বাৰত দুখন ভৰি দুফালে দি থিয় কৰাই নিৰ্মাণ কৰিব খুজিছিল। কিন্তু সেয়া সম্ভৱ নোহোৱাত সাধাৰণ মুদ্ৰাত থিয় কৰাই বন্দৰৰ প্ৰৱেশদ্বাৰত স্থাপন কৰা হয় ।ইয়াক নিৰ্মাণ আৰু স্থাপন কৰাৰ সময়ত ই কেতিয়াও বাগৰি নপৰে বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণা ভুল প্রমাণিত হয়। খ্রীষ্টপূর্ব ২২৫ত হোৱা প্ৰবল ভূমিকম্পৰ জোকাৰণিৰ ফলত ই ভেটিৰপৰা সুলকি মাটিত বাগৰি পৰে আৰু ৬৫৩ খ্ৰীষ্টাব্দলৈ তেনেকৈয়ে পৰি থাকে। ভূমিকম্পৰ ফলত কলোছাছটোৰ লগতে দ্বীপটোৰ অধিকাংশ ক্ষেত্র বেয়াকৈ ক্ষতিগ্রস্ত হয়। অৱশ্যে টলেমি তৃতীয়ই মুৰ্ত্তিটো তোলাৰ কাৰণে আর্থিক সাহায্য দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু সূৰ্য দেৱতা অসন্তুষ্ট ব বুলি ৰোডচবাসীয়ে সেই অৰ্থ সাহয্য গ্ৰহণ নকৰিলে। ইয়াৰো আধ্যাত্মিক কাৰণ আছিল। এই ক্ষেত্ৰত প্ৰবাদ আছে যে, মূৰ্ত্তিটো বাগৰি পৰাৰ সময়ত আকাশৰপৰা দৈৱবাণী হৈছিল আৰু সেই দৈৱবাণীৰ নিৰ্দ্দেশ অনুসৰিয়ে মূৰ্ত্তিটো পুনৰ সংস্থাপনৰপৰা তেতিয়াৰ গ্ৰীকসকল বিৰত আছিল।

৬০৩ খ্ৰীষ্টাব্দত খলিফা মাবিয়াৰ শাসনকালত আৰৱসকলে ৰোড্‌ছ দ্বীপত আক্রমণ চলায়।সেই আক্ৰমণৰ সময়ত মূৰ্ত্তিটোও আক্ৰমণৰ চিকাৰ হয়। আৰৱসকলে মূৰ্ত্তিটো ভাঙি ইয়াৰ ধাতুবোৰ উলিয়াই এজন ইহুদী বণিকৰ ওচৰত বিক্ৰী কৰি দিয়ে। প্রবাদ আছে যে মূৰ্ত্তিটো ভাঙি পোৱা ধাতুবোৰ ইহুদীজনে ৯০০ টা উটৰ পিঠিত বোজাই দি লৈ গৈছিল ।

আৰৱসকলৰ আক্ৰমণ আৰু তাণ্ডৱত মূৰ্ত্তিটোৰ অস্তিত্বই নোহোা কি পেলাইছে। বর্তমান এই মূৰ্ত্তিটোৰ বৰ্ণনা আৰু ছবি মাথোন কিতাপৰ পাততহে দেখিবলৈ পোৱা যায়। মানুহৰ বৰ্বৰ্তাই মচি পেলাইছে বিশ্বখ্যিাত ৰোড্‌ছ দ্বীপৰ পিতলৰ মূৰ্ত্তিৰ অস্তিত্ব। প্রবাদ আছে, যে গ্রীকসকলে ১০৬ ফুট ওখ কলোছাছ অৱ নীৰোও হেনো নিৰ্মাণ কৰিছিল। অৱশ্যে এইটো ঠিক যে যিমানেই ডাঙৰ মূৰ্ত্তি নিৰ্মাণ নকৰক কিয় ৰোড্‌ছ দ্বীৰ পিতলৰ মূৰ্ত্তিটো নিজ মহিমাত মহিমান্বিত হৈ চিৰদিন অনন্য হৈয়ে থাকিব বিশ্বৰ ইতিহাসত।

           


 বিশ্বৰ বিস্ময় চীনৰ প্ৰাচীৰ

চীনৰ প্ৰাচীৰ বিশ্বৰ এক লেখত ল'বলগীয়া নির্মাণ কার্য। এই নির্মাণ কাৰ্য মহাকাশৰ পৰাও দেখা যায়। প্ৰাৰম্ভিক পৰ্যায়ত সকলোবোৰ শাখা লগ লগাই ইয়াৰ দৈৰ্ঘ ৫,৫০০ মাইল (৮৮৫০ কিলোমিটাৰ) আছিল। পাছত ইয়াৰ দৈৰ্ঘ ক্রমান্বয়ে হ্রাস পাই বর্তমান মাথোন ৬২৫৯ কিলোমিটাৰ(৩,৮৮৯ মাইল)হে অৱশিষ্ট আছেহি। পূৰাতত্ত্ববিদসকলৰ জৰীপ অনুসৰি প্ৰাচীৰখনৰ ৩৫৯ কিলোমিটাৰ (২২৩ মাইল) গড়খাৱৈ আৰু ২২৩২ কিলোমিটাৰ (১৩৮৭ মাইল) প্রাকৃতিকভাবে নির্মিত।

পীত সাগৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত পো হাইৰপৰা আৰম্ভ কৰি মধ্য এছিয়ালৈকে বিস্তৃত প্ৰাচীৰখন পূবে ডনডঙৰ পৰা পশ্চিমে লপ লেকলৈ বিয়পি আছে। বিভিন্ন ৰাজ্যৰ সীমাত নির্মিত সৰু সৰু প্ৰাচীৰ লগ লগাই এই বিশাল প্ৰাচীৰখন নির্মাণ কৰা হৈছে। প্ৰাচীৰখন প্ৰকৃতাৰ্থত চীনক বহিঃশত্ৰুৰ আক্ৰমণৰপৰা ৰক্ষা কৰাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল।

এই মহান নিৰ্মাণ কাৰ্যৰ গৌৰৱ চীনৰ প্ৰথম সম্রাট শ্বি হুয়ান তি (২৫০ খ্ৰীষ্ট পূৰ্বৰ পৰা ২১০ খ্ৰীষ্টপূৰ্ব)লৈ যায়। তেওঁ ২৫০ খ্ৰীষ্টপূৰ্বত সিংহাসনত আৰোহণ কৰিয়ে প্রাচীৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। কোনো কোনো ঐতিহাসিকে ইয়াৰ নিৰ্মাণ কার্য ২১৪ খ্ৰীষ্টপূৰ্বত আৰম্ভ কৰা হৈছিল বুলি মতপোষণ কৰে। এই প্রাচীৰখন নিৰ্মাণৰ বাবে ১৮ লাখ কৃষক আৰু বনুৱা নিয়োগ কৰা হৈছিল। লগতে কিছুসংখ্যক নিম্নবৰ্গৰ লোককো বলপূর্বকভাবে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কথিত আছে যে, তেতিয়াৰ চীনৰ প্ৰায় ৭০ শতাংশ লোকক প্রাচীৰ নিৰ্মাণৰ কামত নিয়োগ কৰা হৈছিল। বৰ্তমান এই প্রাচীৰৰ মূল্য ৩৬০মিলিয়ন ডলাৰ।

চীনৰ প্ৰাচীৰখন প্ৰকৃতাৰ্থত এখন দেৱাল নহয়। বহু কেইখন দেৱালৰ সমষ্টিহে।শ্বি হুয়ান তিয়ে শাসনভাৰ চম্ভালাৰ পাছতে বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা ৰাজ্যবোৰ জয় কৰি এখন বিশাল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল। কেম্ব্রিজ হিষ্টৰী অৱ চাইনা খণ্ড-১ (২২১ খ্ৰীষ্টপূৰ্বৰপৰা ২২০ খ্ৰীষ্টপূৰ্বত লেখা) অনুসৰি চীনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ৰাজ্যসমূহ ২২৫ খ্রীষ্টপূর্বত মংগোলীয় আক্ৰমণকাৰী শ্বিংগনুই নিৰন্তৰভাবে আক্রমণ চলাই চীনক ব্যতিব্যস্ত কৰি ৰাখিছিল। শ্বিয়ংগনু চীনৰ উত্তৰ সীমান্তত থকা নোমেডিক আদিবাসী জনজাতিৰ শাসক আছিল। সেয়ে আক্রান্ত ৰাজ্যসমূহৰ শাসকসকলে নিজৰ নিজৰ ৰাজ্যৰ সীমাত সৰু সৰু দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। শ্বি হুয়ান তিয়ে শাসনভাৰ গ্ৰহণ কৰিয়ে উক্ত ৰাজ্যসমূহ জয়

কৰি আক্ৰমণকাৰীৰ হাতৰপৰা নিজৰ সাম্ৰাজ্যখন ৰক্ষা কৰাৰ কাৰণে সেই সৰু সৰু দেৱালসমূহ লগ লগাই সাম্ৰাজ্যৰ সীমান্তত বিশাল প্রাচীৰৰ ৰূপত গঢ়ি তোলে। শ্বি হুয়ান তিয়ে মোগ তি এন নামৰ শাসক এগৰাকীয়ে নিৰ্মাণ কৰা বিশাল প্রাচীৰখনো নিজৰ প্ৰাচীৰৰ লগত সংযোগ কৰে।ইয়াৰ বাহিৰেও ৩৫৩ খ্ৰীষ্টপূৰ্বত বেই আৰু ৩০০ খ্ৰীষ্টপূৰ্বত চাওৰদ্বাৰা নিৰ্মাণ কৰা দেৱালৰ লগতে মঞ্চুৰিয়াৰ পিয়ো ঘাটীত নিৰ্মাণ কৰা দেৱালখনো ইয়াৰ লগত সংযোগ কৰা হয়। এইদৰে সৰু-বৰ অসংখ্য দেৱাল পৰস্পৰৰ লগত সংযোগ কৰি ঐতিহাসিক বিশাল প্রাচীৰখন গঢ়ি তোলা হৈছে। প্ৰাচীৰখন পশ্চিমে তি শ্বিনৰ পৰা আৰম্ভ কৰি উত্তৰ-পশ্চিমৰ পীত সাগৰলৈ

বিস্তৃতইয়াৰ দৈৰ্ঘ ১,৫০০ মাইল (২,৪১৫ কিলোমিটাৰ)। প্রাচীৰখনৰ গড় উচ্চতা ২০ ৰ পৰা ৩০ ফুট। প্ৰাচীৰখন মজবুত কৰাৰ কাৰণে দেৱালৰ তলৰ ভেটি ২৫ ফুট আৰু শীর্ষভাগ ১৫ ফুট বহলকৈ নিৰ্মাণ কৰা হৈছে। প্ৰাচীৰৰ উপৰিভাগ সাধাৰণ দেৱালৰ দৰে নিৰ্মাণ কৰা হৈছে যদিও বেলেগ সাম্ৰাজ্যৰ ফালে থকা উপৰি ভাগ দুৰ্গৰ বুৰুজৰ শৈলীত নিৰ্মাণ কৰা হৈছে- ৰপৰা আক্ৰমণকাৰীৰ ওপৰত আক্ৰমণ কৰাৰ সুবধিা আছে। এই প্রাচীৰ পৰ্বত পাহাৰৰ ঠেক দুর্গম অঞ্চল তথা সমতলৰ মাজেৰে পাৰ হৈ গৈছে। সীমান্ত প্রদেশক বহিঃশত্ৰুৰ আক্ৰণমৰপৰা ৰক্ষা কৰিবলৈ মাজে মাজে নিৰীক্ষণ চকী আছে। সেইসমূহ নিৰীক্ষণ চকীত নিয়োজিত সৈনিকে দিনত ধোঁৱা আৰু ৰাতি জুইৰ পোহৰৰ সহায়ত পৰৱৰ্ত্তী চকীৰ সৈনিকসকলক শত্ৰুৰ গতি-বিধিৰ সংকেত দিছিল। এই নিৰীক্ষণ চকীবোৰ প্ৰায় ৪০ ফুট (১২ মিটাৰ) ওখত আছিল আৰু এটা চকীৰপৰা আনটো চকীৰ দূৰত্ব আছিল ৯১.১ মিটাৰ।

ভাতীত পোৰা আৰু ৰদত শুকোৱা মাটিৰ ইটাৰ সহায়ত ১,৫০০ মাইল প্ৰাচীৰ নিৰ্মাণ কৰা হৈছে। অৱশ্যে ক'ৰবাত 'ৰবাত গ্ৰেনাইট শিলো ব্যৱহাৰ কৰা হৈছে। ইটাবোৰ যিমান পৰিস্কাৰ-পৰিচ্ছন্ন হব লাগিছিল সিমান যেন পৰিস্কাৰ-পৰিচ্ছন্ন নহয়। জে'লৰ কয়দী আৰু বিনা মজুৰিৰ কৃষকৰ জৰিয়তে ইটাবোৰ তৈয়াৰ কৰাৰ কাৰণেই হয়তো এনেকুৱা হৈছে। ২২১ খ্ৰীষ্টপূৰ্বত নিৰ্মাণ কৰা বিশাল প্ৰাচীৰখন ১৫ আৰু ১৬ শতিকাতো কিছু মেৰামত আৰু অধিক ক্ষতিগ্রস্ত অংশ পুনৰ নিৰ্মাণ কৰা হৈছে।

কথিত আছে যে বিভিন্ন শাসকে ১,০০০ বছৰত প্ৰাচীৰখন সম্পূৰ্ণ কৰিছে। প্ৰাচীৰখন ১০১ টা ভাগত বিভক্ত।ইয়াৰ প্ৰথম ভাগৰ কাম প্রথম দহ বছৰত সম্পূৰ্ণ কৰা হৈছিল।

চীনা ঐতিহাসিকসকলৰ মতে চীনত নির্মিত প্ৰতিখন দেৱালেই উন্নত শিল্পকৰ্মৰ অপূর্ব নিদর্শন। বিশাল প্রাচীৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আগতেই চীনৰ বিভিন্ন ৰাজ্যত দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। শ্বি আৰু চাও বংশৰ শাসকসকল দেৱাল নিৰ্মাণৰ ক্ষেত্ৰত খুবেই আগ্রহী আছিল। শ্বি হুয়ান তিয়ে যুৱাৱস্থাতে প্রথম দেৱাল নিৰ্মাণৰ সপোন দেখিছিল। তেওঁ যেতিয়া চীনৰ উত্তৰাঞ্চলৰ দুৰ্গম কঠিন বাটত যাত্ৰা কৰিছিল, তেতিয়াই তেওঁ সুৰক্ষিত ৰাস্তা নিৰ্মাণৰ কথা ভাবিছিল।সিংহাসনত আৰোহণ কৰিয়ে তেওঁ যুৱাৱস্থাত দেখা সপোন বাস্তৱত ৰূপায়ন কৰে।

চীনৰ কাৰণে শ্বি হুয়ান তি এগৰাকী মহাপুৰুষ ৰূপে বিবেচিত। তেওঁ তেতিয়াৰ চীনত থকা ১৭০ খন ৰাজ্য জয় কৰি চীন সাম্ৰাজ্যক সুসংগঠিত কৰিছিল। ৰজাসকলৰ মাজত থকা পৰস্পৰ একতাৰ অভাৱেই যে সাম্ৰাৰাজ্যৰ অসুৰক্ষাৰ কাৰণ এই কথা তেওঁ উপলব্ধি কৰিব পাৰিছিল। হুনসকলকো তেওঁ পৰাস্ত কৰিছিল। ৩,০০০ খ্রীষ্টপূর্বত চীন সাম্রাজ্য প্রতিষ্ঠা কৰা সম্ৰাট হুয়ান তিৰ দৰে মহান হোৱাৰ লক্ষ্য আছিল তেওঁৰ।

 শ্বি হুয়ান তিৰ ৰাজত্ব কালত কেবাটাও সাহসিক কার্য সম্পাদন কৰা মাউংগ তিএন নামৰ এগৰাকী সেনাপতি আছিল। তেওঁ এশ মাইল আঁতৰৰ হামী নামৰ এখন সৰু চহৰ জয় কৰি তাত নিৰীক্ষণ চকী নিৰ্মাণ কৰিছিল। সম্রাট শ্বি হুয়ান তিয়ে সেনাপতি মাউংগ তি এনআটাইবোৰ দেৱাল পৰস্পৰৰ লগত সংযোগ কৰি বিশাল প্রাচীৰ নিৰ্মাণৰ বাবে নিৰ্দেশ দিছিলি। লগতে দেৱাল মেৰামত আৰু ইয়াৰ বিস্তাৰৰ দায়িত্বভাৰো অৰ্পণ কৰিছিল তেওঁৰ ওপৰত। য়ানশ্বন পর্বতমালাৰ লগতে সমুদ্ৰৰপৰা ৰেগিস্থানলৈকে এখন মজবুত তথা ৰক্ষণাত্মক ৰাষ্ট্ৰীয় প্ৰাচীৰ নিৰ্মাণ কৰাই আছিল তেওঁৰ লক্ষ্য। এই প্রাচীৰ নিৰ্মাণ কৰাৰ ফলত ৰাজধানী শিয়ান য়াংগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা সহজ হৈ পৰিছিল। কোনো কোনো ঐতিহাসিকে সেনাপতি গৰাকীৰ নাম পিয়নিংগ মেংগ তিয়ান আছিল বুলিও কয়।

২২১-২০৬ খ্ৰীষ্টপূৰ্বৰ ভিতৰত সীমান্ত ক্ষেত্ৰত প্ৰাচীৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লেও শ্বিয়ংগনুৰ আক্ৰমণ বন্ধ নহ'ল। সুযোগ পালেই তেওঁ চীন আক্রমণ কৰিছিল। কাৰণ তেওঁৰ ৰাজ্যৰ সীমা চীনৰ উত্তৰ সীমাৰ গাতে লাগি আছিল। ৪,৯০০ ফুট ওখ য়েগে পৰ্বতমালা চীনৰ উত্তৰ সীমান্তলৈ বিস্তৃত। সেয়ে শ্বিয়ংগনুৰ আক্ৰমণৰ পৰা সাম্ৰাজ্যখন ৰক্ষা কৰাৰ কাৰণেই এই পৰ্বত শ্ৰেণীৰ ওপৰত অদ্ভুত প্ৰাচীৰখন নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে সুই বংশৰ দ্বিতীয় গৰাকী শাসক য়াং তি (য়াং চিং)য়ে প্রাচীৰৰ ৰক্ষণাবেক্ষণৰ বাবে বহু অর্থ ব্যয় কৰিব লগা হৈছিল। তেওঁ ৫৬৯ চনৰপৰা ৬১৮ চনলৈ জীয়াই আছিল আৰু ৫৮১ চনৰপৰা ৬১৮ চনলৈ ৰাজত্ব কৰিছিল।

চীনৰ ঐতিহাসিক বিশাল প্রাচীৰখনৰ এতিয়া জৰ্জৰিত অৱস্থা। ইটা চুৰি, চহৰীকৰণ আৰু পৰ্যটনৰ কাৰণে ইয়াৰ ব্যাপক ক্ষতিসাধন হৈছে। প্ৰাচীৰখনৰ সুৰক্ষাৰ কাৰণে সম্প্ৰতি চীনা চৰকাৰে ইয়াৰ ৫,০০ মিটাৰ পৰিধিৰ ভিতৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে।

উল্লেখযোগ্য যে চীনৰ প্ৰাচীৰৰ লগত বহুতো কিংবদন্তি সাঙোৰ খাই আছে। ইতিহাসত প্রমাণ পোৱা যায় যে, ১৮ লাখ কৃষিদাস আৰু কয়দীৰ অক্লান্ত পৰিশ্ৰমৰ ফলত নিৰ্মিত প্ৰাচীৰখন দীঘল কবৰগাহনামেৰে পৰিচিত। কিয়নো, কোনো শ্রমিকৰ মৃত্যু হলে দেৱালৰ মাজত কবৰ দিয়া হৈছিল। কথিত আছে যে, জিলিয়াংগ নামৰ এজন মজদুৰক বলপূর্বকভাবে কাম কৰিবলৈ পঠোৱা হৈছিল। সিদিনাই তাৰ বিবাহ হোৱাৰ কথা আছিল। কিন্তু বিয়া সম্পন্ন হোৱাৰ আগতেই সি ভাবী পত্নীক এৰি থৈ যাব লগা হৈছিল। কিন্তু পুনৰ ঘৰলৈ আহি নিজৰ ভাবী পত্নীৰ লগত বিবাহপাশত আৱদ্ধ হবপৰা নাছিল। কাৰণ অত্যধিক শীতৰ কাৰণে তাতে তাৰ মৃত্যু হৈছিল আৰু দেৱালৰ মাজতে তাক কবৰ দিয়া হৈছিলই ফালে জিলিয়াংগৰ ভাবী পত্নী মেংগে তাৰ আগমন অপেক্ষাত বাট গণি আছিল

লাহে লাহে পাঁচ বছৰ পাৰ হল। অৱশেষত তাই অধৈর্য হৈ এহেজাৰ মাইল খোজ কাঢ়ি ভাবী স্বামীৰ লগত দেখা কৰিবলৈ প্ৰাচীৰৰ ওচৰলৈ আহে। ইজনক সিজনক সুধি সুধি অৱশেষত তাই জানিব পাৰে যে, ইতিমধ্যে তাইৰ ভাবী স্বামীৰ মৃত্যু হৈছে। স্বামীৰ মৃত্যুৰ বাতৰি পাই তাই স্বামীক কবৰ দিয়া ঠাইত ইমানেই কৰুণভাবে বিলাপ কৰিবলৈ ধৰে, যে তাইৰ কৰুণ বিলাপৰ ফলত দেৱালখন খহি পৰে। দেৱালখন খহি পৰাৰ ফলত মেংগৰ ওপৰত সম্রাট ক্রোধান্বিত হয়; কিন্তু শেষত কিবা ভাবি সম্রাটে তাইক বিয়াৰ প্ৰস্তাৱ দিয়ে। মেংগ সেই প্ৰস্তাৱত প্ৰথমাৱস্থাত সন্মত হোৱা নাছিল যদিও শেষত বাধ্যত পৰি সম্ৰাটৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু বিয়াৰ পাছতে প্রতিশোধ লোৱাৰ মানসেৰে তাই আত্মহত্যা কৰে। এইগৰাকী মেংগকে বৰ্তমান চীনত দেৱীৰূপে পূজা কৰা হয়।

        আজিও বিস্ময় পিছাৰ হেলনীয়া স্তম্ভ।

সাহিত্য, সংস্কৃতি, শিল্প আৰু চিত্ৰকলাৰ বাবে ইটালী বিশ্বৰ মানচিত্ৰত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছে। ইটালীৰ কেন্দ্রস্থল তুচকেনী (তোমকানা) ক্ষেত্ৰত পিছা প্ৰদেশ অৱস্থিত। এই পিছা প্ৰদেশৰ ৰাজধানী পিছা নগৰ। পিছা নগৰতে বিশ্ববিখ্যাত হেলনীয়া স্তম্ভ (মিনাৰ)টো অৱস্থিত। পিছা নগৰৰ নামেৰেই স্তম্ভটোৰ নামকৰণ কৰা হৈছে। স্তম্ভটো পিছাৰ হেলনীয়া স্তম্ভ হিচাপে বিশ্বৰ দৰবাৰত পৰিচিত। একমাত্ৰ হেলনীয়া হোৱাৰ কাৰণেই পিছাৰ হেলনীয়া স্তম্ভৰ খ্যাতি বিশ্বব্যাপী। ইয়াক বিশ্বৰ সপ্তম আচৰিত বস্তুৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে।

নিৰ্মাণৰ সময়ত স্তম্ভটো হেলনীয়াকৈ নিৰ্মাণৰ কোনো পৰিকল্পনা নাছিল। সাধাৰণ স্তম্ভৰ দৰেই নিৰ্মাণৰ কাম আগবাঢ়িছিল আৰু দ্বিতীয় মহলালৈ স্তম্ভটো পোন হৈয়ে আছিল। কিন্তু তৃতীয়া মহলা নিৰ্মাণৰ সময়ৰপৰা স্তম্ভটো লাহে লাহে হেলনীয়া বলৈ ধৰেতিনিটা পৰ্যায়ত ১৭৪ বছৰৰ অন্তত পিছাৰ কেথেড্রেল কমপ্লেক্সত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্মাণৰ অন্তত স্তম্ভটোৰ নিৰ্মাণ কাৰ্য সমাপ্ত হয়। আৰম্ভণিতে ইয়াক ১৮৫ ফুট (৫৬ মিটাৰ) ওখকৈ নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল যদিও মাজতে সিদ্ধান্ত সলনি কৰি ১৭৯ ফুট ওখ কৰি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। কিয়নো ইয়াতকৈ বেছি ওখ হলে বাগৰি পৰাৰ আশংকা কৰা হৈছিল।স্তম্ভটো ভূমিভাগৰপৰা শিখৰলৈ ১৬ ফুট হেলনীয়া হৈ আছে বুলি অনুসন্ধানৰ পাছত পুৰাতত্ত্ববিদসকল সিদ্ধান্তলৈ আহিছে। এই হেলনীয়াৰ মাত্ৰা ১ মিলিমিটাৰ বৃদ্ধি হলেই স্তম্ভটো বাগৰি পৰিব বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছেভূগৰ্ভত প্ৰৱাহিত জলধাৰাই ইয়াৰ শিলেৰে নিৰ্মিত আধাৰ ভেটি প্রতি বছৰ ২২৭ গ্ৰামকৈ ধুই নি আছে বুলি বিশেষজ্ঞসকলৰ ধাৰণা। এই প্রক্রিয়া দীর্ঘদিন চলি থাকিলে কোনোবা এটা সময়ত স্তম্ভটো বাগৰি পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰে। কোনো কোনো বৈজ্ঞানিকে মাধ্যাকর্ষণ শক্তিৰ ন্যূনধিক্য (হীন-ডেঢ়ি)ৰ ফলতো ই বাগৰি পৰিব পাৰে বুলি ধাৰণা কৰে।

প্ৰকৃতার্থত স্তম্ভটো নিৰ্মাণ কৰা স্থানৰ ভূমিভাগ কোমল শিলেৰে গঠিত জলাভূমি। প্রথম দুটা মহলা নিৰ্মাণ কৰালৈকে স্তম্ভটো সন্তুলিত অৱস্থাত পোন হৈ আছিল যদিও তৃতীয় মহলা নিৰ্মাণৰ কাম আগবঢ়াৰ পাছৰেপৰা অধিক গধুৰ হোৱা কাৰণে ইয়াৰ ভেটি অসন্তুলিত হৈ পৰে আৰু নিৰ্মাণ কাৰ্য আগবঢ়াৰ লগে লগে ক্রমান্বয়ে অধিক হেলনীয়া হ'বলৈ ধৰে।

কোনো বিশাল তথা অদ্বিতীয় নির্মাণ কাৰ্যৰ লগত সাধাৰণতে শাসকসকলহে জড়িত থাকে। কিন্তু পিছাৰ হেলনীয়া স্তম্ভ নিৰ্মাণৰ ইতিহাস সম্পূৰ্ণ পৃথক৷ এগৰাকী বিধৱা মহিলাৰ উইলৰ ধনেৰে এই বিশ্বখ্যিাত স্তম্ভটো নিৰ্মাণ কৰা হৈছে বুলি কথিত আছে। ১১৭২ চনৰ ৫ জানুৱাৰীত এই গৰাকী মহিলাৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তাই ৬০ টা মুদ্ৰা আৰু এখন উইল(ইচ্ছাপত্ৰ) থৈ গৈছিল। ইচ্ছাপত্ৰখনত শিলৰ স্তম্ভ নিৰ্মাণৰ কথা উল্লেখ আছিলকিন্তু স্তম্ভ নির্মাণৰ বাবে সেই ধন পর্যাপ্ত নাছিল।সেয়ে নগৰৰ মানুহবিলাকে তাইৰ শেষ ইচ্ছাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি জনগণৰপৰা ধন সংগ্ৰহৰ কাম আৰম্ভ কৰে আৰু সেই ধনেৰে স্তম্ভটো নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লয়। ১১৭২ চনৰ ১৪ আগষ্টত স্তম্ভটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। কোনো কোনোৱে স্তম্ভটো নিৰ্মাণৰ কাম ১১৭৩ চনত আৰম্ভ কৰা হৈছিল বুলিও মতপোষণ কৰে।

স্তম্ভটো নিৰ্মাণৰ দায়িত্ব বাৰ শতিকাৰ ব্ৰঞ্জৰ বিখ্যাত ভাস্কৰ্যশিল্পী বেনৈনো পিচানোক অৰ্পণ কৰা হয়। (সম্প্রতি পিছাৰ হেলনীয়া স্তম্ভটোৰ ডিজাইন ডাইওটিছালভি নামৰ স্থপত্যবিদ এগৰাকীয়ে কৰিছিল বুলি বহুতে মতপোষণ কৰে।) কৰিছিল বুলি নিৰ্মাণৰ কাম বেনৈনো ভাস্কর্য বিদ্যাৰ প্ৰসিদ্ধ শিল্পী আছিল। তেওঁ বেপটেটিও কেথেড্ৰিলৰ আকৰ্ষণীয় দুৱাৰ নিৰ্মাণ কৰিছিল। হাতীৰো পিচলে পাও, সজ্জনৰো বুৰে নাওঁ। তেওঁ ভাস্কৰ্য বিদ্যাত বিশাৰদ আছিল যদিও স্তম্ভটোৰ আধাৰশিলা স্থাপনৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন নকৰিলে। ফলত পাঁচ মিটাৰ ওখ হোৱাৰ পাছতে স্তম্ভটো এঢলীয়া হবলৈ ধৰে। সেয়ে বিপদৰ আশংকা কৰি স্তম্ভটো নিৰ্মাণৰ কাম স্থগিত ৰখা হয়। কিন্তু বেনৈনো ইয়াৰ পৰিণাম ভুগিব লগা হ'ল। কামত গাফিলতি কৰাৰ কাৰণে তেওঁক দেশৰপৰা খেদি পঠোৱা হল আৰু বিদেশতে তেওঁৰ মৃত্যু হল। ফলত স্তম্ভটো নিৰ্মাণৰ কাম এটা শতিকাতকৈও অধিক কাল বন্ধ হৈ থাকিল৷ কাৰণ পিছাৰ মানুহবিলাক ধাৰাবাহিকভাবে গেনুৱা(Genoa), লোচ্ছা (Lucca) আৰু ফ্লোৰেন্স(Florence)ৰ যুদ্ধত ব্যস্ত হৈ আছিল।

এশ বছৰ পাছত ১২৭২ চনত শিল্পী জিয়োভানী ডি চোমোনে (কোনো কোনোৰ মতে কেম্পোছাণ্টো) স্তন্তুটো নিৰ্মাণৰ দায়িত্ব ললে৷ স্তম্ভটো যিমান হেলনীয়া হৈছে তাতকৈ অধিক হালি নাযায় বুলি তেওঁ বিশ্বাস কৰিছিল। সেয়ে গাঁঠিৰ ধন খৰচ কৰি তেওঁ স্তম্ভটো নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। এই পৰ্যায়ত স্তম্ভৰ এটা ফাল অলপ হেলনীয়াকৈ নিৰ্মাণ কৰা হয় আৰু নিজৰ গাঁঠিৰ ধনেৰেই তেওঁ স্তম্ভটোৰ সাত মহলালৈ নিৰ্মাণৰ কাম সমাপ্ত কৰে। কিন্তু তেওঁ আশা কৰা ধৰণে স্তম্ভটোৰ হলা বন্ধ নহ'ল। সেয়ে মানুহবিলাকে পুনৰ চোমোনৰো বিৰোধিতা কৰিবলৈ ধৰিলে। বেনৈনোৰ দৰে দেশৰপৰা বিতাড়িত হোৱাৰ ভয়ত তেওঁ স্তম্ভটো নিৰ্মাণৰ কাম বন্ধ কৰিলে। ফলত পুনৰ স্তম্ভটোৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰিল। ইফালে পিছানিয়ানসকল গুৱানিয়ানসকলৰ দ্বাৰা পাৰজিত হয়। ফলত পুনৰ দীৰ্ঘদিন স্তম্ভটো নিৰ্মাণৰ কাম বন্ধ হৈ থাকে। পাছত অর্থাৎ ১৩৩৫ চনত বেলেগ এগৰাকী ভাস্কৰ্যশিল্পী টোম্মোচাও পিচানোই পুনৰ ইয়াৰ অষ্টম মহলা নিৰ্মাণৰ দায়িত্ব ললে আৰু ১৩৫০ চনত স্তম্ভটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে। তেওঁ স্তম্ভটোত এটা বৃহৎ আকাৰৰ ঘণ্টাও স্থাপন কৰিলে।

স্তম্ভটো বগা মাৰ্বলৰে নিৰ্মিত। ই দিল্লীৰ কুতুব মিনাৰতকৈ ৫৯ ফুট আৰু মিছৰৰ আটাইতকৈ ওখ পিৰামিডতকৈ ৩০.১ ফুট চাপৰ। আমেৰিকাৰ স্টেচু অৱ লিবাৰ্টিতকৈ ২৮ ফুট আৰু ফতেপুৰ চিক্ৰীৰ বুলন্দ দৰজাতকৈ ৩ ফুট অধিক ওখ। আঠ মহলীয়া এই স্তম্ভটোৰ মুঠ ওজন ১৪,৮০০ মেট্রিক টন হব বুলি ধাৰণা কৰা হৈছে। স্তম্ভটোৰ প্ৰথম মহলা ১৫ টা, সপ্তম মহলা ৩০ টা আৰু অন্তিম মহলা ১২ টা খুঁটাৰ সহায়ত নিৰ্মাণ কৰা হৈছে। স্তম্ভটোৰ ওপৰলৈ উঠি যোৱাৰ কাৰণে ২৯৬ টা আৰু ২৯৪ টা খলপাযুক্ত ঘূৰণীয়া আকাৰৰ এটা খট্‌খটি আছে। কাৰণ সপ্তম মহলাত দুটা খলপা কম আছে। স্তম্ভটো বেঁকা হৈ নোযোৱাকৈ অৰ্থাৎ সন্তুলিত কৰি ৰখাৰ কাৰণে বিশেষ কৌশল অৱলম্বন কৰা হৈছে। অর্থাৎ ইয়াৰ ওপৰ ফালৰ মহলাবোৰৰ ব্যাস ক্রমান্বয়ে হ্ৰাস কৰি নিৰ্মাণ কৰা হৈছে। প্রথম মহলাৰ ব্যাস ১৩ ফুট, এই জোখ ক্রমান্বয়ে হ্রাস হৈ অষ্টম মহলাত মাথোন ৬ ফুট ৰৈছেহি।

কথিত আছে যে মহান বিজ্ঞানী গেলেলি গেলিলিওই এই স্তম্ভটোৰপৰা এক পাউণ্ড আৰু দহ পাউণ্ড ওজনৰ দুটা গোলাকৃতি বস্তু তললৈ পেলাই পৃথিবীৰ গতিৰ প্ৰতিপাদন কৰিছিল।বিভিন্ন পুৰাতত্ত্ববিদে স্তম্ভটো বাগৰি পৰাৰ সংশয় ব্যক্ত কৰাৰ সমান্তৰালভাবে ৰোম চৰকাৰে ইয়াক সন্তুলিত কৰি ৰখাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ ওজন যাতে বৃদ্ধি হব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ১৯৬৪ চনত চৰকাৰে ইয়াৰ ওপৰলৈ উঠা নিষিদ্ধ কৰি চাৰিও ফালে কাঁইটীয়া তাঁৰৰ বেৰ দিছিল।

কথিত আছে যে স্তম্ভটোৰ অষ্টম মহলাত স্থাপন কৰা ঘড়ীত চাবি দিয়াৰ কাৰণে এনিয়া গোল্ড নামৰ এজন কৰ্মচাৰী ওপৰ মহলালৈ উঠা-নমা কৰিছিল। কিন্তু ১৯৯০ চনত স্তম্ভটো সৰ্বমুঠ ৫.৫ ডিগ্রী কোণত হেলনীয়া হৈ পৰাৰ পাছত কৰ্মচাৰীজনকো ওপৰলৈ উঠা বন্ধ কৰি দিছিল। এনেকি স্তম্ভৰ ওচৰ-পাঁজৰলৈ গাড়ীলৈ যোৱাও নিষেধ আছিল। কিছু বছৰ আগতে ইয়াৰ মূল ভেটিৰ চাৰিওফালে মাটিৰ তলৰপৰা লোৰ আঙুঠি স্থাপন কৰি চিমেণ্টেৰে পূৰ কৰি ভেটিটো মজবুতকৈ নিৰ্মাণ কৰা হৈছে। তথাপি স্তম্ভটো বাগৰি পৰাৰ পৰা কোনেও সংশয়মুক্ত ব পৰা নাই। সেয়ে স্তম্ভটো বাগৰি পৰাৰ মুহূৰ্তৰ দৃশ্য কেমেৰাত বন্দী কৰাৰ কাৰণে অসংখ্য কেমেৰা দিনে-ৰাতি সাজু হৈ আছে। স্তম্বটো বাগৰি পৰাৰ পৰা ৰক্ষা কাৰণে ইতিমধ্যে ৰোম চৰকাৰৰ ২৫ বিলিয়ন ডলাৰ ব্যয় হৈ গৈছে।

পিছাৰ হেলনীয়া স্তম্ভ হেলনীয়া হৈ পৰাৰ কাৰণে বেনৈনো পিচানো মর্মান্তিকভাবে আহত হৈছিল। কাৰণ তেওঁ নিজৰ শিল্পৰ অপমান হোৱাটো কামনা নকৰিছিল। সেয়ে তেওঁ হেলনীয়া স্তম্ভটোৰ কিছু নিলগতে আন এটি স্তম্ভ নির্মাণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু পিছাৰ মানুহে তেওঁৰ সেই ভাৱনাক সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে তেওঁক দেশৰপৰাহে খেদি পঠাইছিল।

নিজৰ কলাৰ অপমান সহ্য কৰিব নোৱাৰি তেওঁ মানসিকভাবে বিপর্যস্ত হৈ পৰিছিল আৰু বিদেশৰ মাটিতে মৃত্যুক সাৱটি লৈছিল। কিন্তু তেওঁ মৰিও অমৰ হৈ আছে। একমাত্র হেলনীয়া হোৱাৰ কাৰণেই এই ঐতিহাসিক স্তম্ভটোৰ নামৰ লগত তেওঁৰ নাম সাঙোৰ খাই আছে। কাৰণ যেতিয়াই পিছাৰ হেলনীয়া স্তম্ভৰ কথা আলোচনা কৰা হয়, তেতিয়াই তেওঁৰ নাম স্মৰণ কৰা হয়। কাৰণ তেওঁৰ ভুলৰ বাবেই স্তম্ভটো পৃথিবীৰ সপ্তম আশ্চর্য বস্তুৰ ভিতৰত অন্তর্ভুক্ত হবলৈ সক্ষম হৈছে। শাপেই যেন বৰ হৈ পৰিছে বেনৈনোৰ ক্ষেত্ৰত। এই মিনাৰৰ ওপৰত উঠি ইটালি দৰ্শন কৰাৰ ইচ্ছা ইটালিৰ মানুহৰ মনত সততে ক্ৰিয়া কৰি থাকে। অভিযন্তাসকলে ইয়াৰ ভেটিৰ স্থায়িত্ব নিশ্চিত কৰাৰ পাছত ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা পুনৰ ইয়াক জনসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হৈছে।

                   মস্কোৰ ঘণ্টা

বিশ্বৰ সাতটা আশ্চৰ্যকৰ বস্তুৰ ভিতৰত মস্কোৰ ঘণ্টাকো অন্তৰ্ভূক্ত কৰা হৈছে। ই Tsar Bell বেল নামেৰে জনাজাত।ইয়াক Tsar Bell, Tsarsky Kolokol, অথবা ৰয়েল বেল (Royal Bell) হিচাপেও জনা যায়। ইয়াৰ উচ্চতা ৬.১৪ মিটাৰ (২০.১ ফুট), ব্যাসার্দ্ধ ৬.৬ মিটাৰ (২২ ফুট) আৰু ডাঠ ৬১ চেণ্টিমিটাৰ (২৪ ইঞ্চি)। ই এবাৰ জুই লাগি ভাঙি পৰিছিল। ইয়াৰ সেই ভঙা অংশৰ ওজন ১০,৪৩২.৬ কিলোগ্রাম (২৩০০০ পাউণ্ড)। ইয়াক ব্ৰঞ্জেৰে নিৰ্মাণ কৰা হৈছে। ই বিশ্বৰ সবাতোকৈ ডাঙৰ ঘণ্টা। ঘণ্টাটোক বাৰোক এঞ্জেল (Baroque Angel)ৰ প্ৰতিমূৰ্ত্তি (বাৰোক হল এক ধৰণৰ অতিৰঞ্জিত ধৰণৰ শিল্পৰীতি। এই বাৰোক স্টাইল ষোল্ল শতিকাত ইটালিৰ ৰোমত প্ৰচলন কৰা হৈছিল), গছ-লতা, ওভাল মেডালিয়নচ (ডিম্বাকৃতিৰ চাৰিও কাষে দিয়া ফুলাম নক্সা) আৰু আন্না ইভালোভনাৰ আৰু ছাৰ এলেস্কি(Tsar Alexy)ৰ জীৱন্ত প্রায় মূৰ্ত্তিৰে ইয়াক সুশোভিত কৰা হৈছে। (ছাৰ এলেস্কি জন্ম ১৬২৯ চনৰ ২৯ মাৰ্চত। তেওঁ ৰাছিয়াৰ মহান সম্ৰাট ৰূপে পৰিচিত। তেওঁ মাথোন ষোল্ল বছৰ বয়সত ১৬৪৫ চনত সিংহাসনত আৰোহণ কৰিছিল।) মস্কোৰ ইভান দা গ্রেট বেল টাৱাৰ আৰু ক্রেমলিন ৱালৰ মাজত দেখা যায়। পিটাৰ দা গ্ৰেটৰ ভতিজী আন্না ইভালোভনাই ঘণ্টাটো নিৰ্মাণ কৰাইছিল।

এই ঘণ্টাটো নিৰ্মাণৰ ইতিহাস দশম শতিকাৰ। কিন্তু মধ্যযুগৰ ৰাছিয়াৰ ৰক্ষণশীল গীর্জা সমূহত সাধাৰণতে গীৰ্জাৰ কাম-কাজৰ বাবে ঘণ্টা বজোৱা হোৱা নাছিল। কিন্তু কোনো উল্লেখযোগ্য উৎসৱ, জুই লাগিলে অথবা শত্ৰুই আক্ৰমণ কৰিলে ঘণ্টা বজোৱাৰ নিয়ম আছিল। ষোল্ল শতিকাত নিৰ্মাণ কৰা Tsar Bell টোৱে আছিল মূল ঘণ্টা (বেল)। বেলটোৰ ওজন আছিল ১৮,০০০ কিলোগ্রাম (৪০,০০০ পাউণ্ড) আৰু বেলটো বজোৱাৰ কাণে ২৪ জন মানুহৰ প্ৰয়োজন হৈছিল। ইয়াক মস্কোৰ ইভান দা গ্রেট বেল টাৱাৰত স্থাপন কৰা হৈছিল। বেলটো সোতৰ শতিকাৰ মাজ ভাগত জুই লাগি মাটিত বাগৰি পৰি কেবাটাও খণ্ড হৈ পৰে।

দ্বিতীয় বেলটো আগৰ ধ্বংসপ্রাপ্ত বেলৰ ধাতু ব্যৱহাৰ কৰি ১৬৫৫ চনত আগতকৈও বহুগুণে ডাঙৰকৈ নিৰ্মাণ কৰা হয়। ইয়াৰ ওজন আছিল ১০০,০০০ কিলোগ্রাম(২২০,০০০ পাউণ্ড)। কিন্তু ইও ১৭০১ চনত জুই লাগি ধ্বংস হয়।

ইভান আন্না সম্ৰাজ্ঞী হোৱাৰ পাছত আগৰ বেলতকৈও এশ টন ওজন বৃদ্ধি কৰি আন এটা বেল নিৰ্মাণৰ বাবে নিৰ্দ্দেশ দিয়ে আৰু ফিল্ড মাৰ্শ্বালৰ পুতেক মিউনিক (Munnich) বেল নিৰ্মাণৰ দায়িত্ব অর্পণ কৰে আৰু কাৰিকৰী জ্ঞান আহৰণৰ বাবে তেওঁক পেৰিচৰ কাৰিকৰ সকলৰ ওচৰলৈ পঠায়। কিন্তু ইমান ডাঙৰ বেল নিৰ্মাণ কৰাটো অসম্ভৱ বুলি ভাবি তেওঁ কথাটো গুৰুত্ব সহকাৰে নললে। ফলত ব্ৰঞ্জৰ কামান নিৰ্মাণৰ ক্ষেত্ৰত অভিজ্ঞ স্থানীয় ধাতুবিদ্যা বিশাৰদ ইভান মটৰিন আৰু তেওঁৰ পুতেক মিখাইলক ১৭৩৩ চনত বেল নিৰ্মাণৰ দায়িত্বভাৰ অৰ্পণ কৰে।

বৰ্তমানৰ বেলৰ ওচৰত ১০ মিটাৰ (৩৩ ফুট) গভীৰ গাঁত খান্দি কোমল বোকা মাটিৰে লেপি দিয়া হয় আৰু মাটিয়ে যাতে গলিত ধাতুৰ হেঁচা সহ্য কৰিব পাৰে তাৰ বাবে ৱাল দিয়া হয়। প্রাথমিক প্রস্তুতি সম্পন্ন হোৱাৰ পাছত পুৰণি ভঙা বেলৰ ধাতুৰ লগত পুনৰ অতিৰিক্ত ৫২৫ কিলোগ্রাম (১,১৫৭ পাউণ্ড) ছিলভাৰ, ৭২ কিলোগ্রাম (১৫৯ পাউণ্ড) সোণেৰে সৈতে অন্যান্য প্রয়োজনীয় পদার্থ মিহলি কৰি বেল নিৰ্মাণৰ কাৰণে আগবঢ়া হয়। কেবা মাহৰ প্ৰস্তুতিৰ অন্তত ১৭৩৪ চনৰ নৱেম্বৰ মাহত বেল নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ আগতেই ১৭৩৫ চনৰ আগষ্ট মাহত ইভান মট'ৰিনৰ মৃত্যু হয়। তেওঁৰ পুতেক মিখাইলে বেল নির্মাণ কাম অব্যাহত ৰাখে আৰু ১৭৩৫ চনৰ ২৫ নৱেম্বৰত মূল বেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে আৰু চেঁচা পৰি অহাৰ সমান্তৰালভাবে বেলটো অলংকৃত কৰাৰ কাম আৰম্ভ কৰে। অলংকৃতৰ কাম শেষ হোৱাৰ পাছত ১৭৩৭ চনৰ মেই মাহত ক্রেমলিনত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বেলটো ধৰি ৰখাৰ কাৰণে নিৰ্মাণ কৰা কাঠৰ ফ্ৰেম (Supporting structure)লৈ উক্ত অগ্নি সম্প্ৰসাৰিত হয়। তেতিয়া তাৰ পহৰাত থকা ৰখীয়াজনে ভয়ত বেলটোৰ ওপৰত পানী নিক্ষেপ কৰে। পানী নিক্ষেপৰ ফলত বেলটোত এঘাৰৰ্টা ভাঁজ পৰে আৰু বেলৰপৰা 10,432.৬ কিলোগ্রাম (২৩০০০ পাউণ্ড)ৰ এক বিশাল অংশ খহি পৰে। অগ্নিয়ে কাঠৰ ছাপোর্টিং স্টাকচাৰটো সম্পূৰ্ণৰূপে ভস্মীভূত কৰে আৰু বেলটো ওলোটা হৈ কাষ্টিং পিট (casting Pit)ত বাগৰি পৰে। ধ্বংসপ্রাপ্ত বেলটো ১৭৯২ আৰু ১৮১৯ চনত পুনৰ তোলাৰ কাৰণে টেষ্টা কৰা হয় যদিও সেই প্রচেষ্টা বিফল হয়। নেপোলিয়ন বোনাপার্টে ১৮১২ চনত মস্কো দখল কৰাৰ পাছত ট্রফি হিচাপে তেওঁ বেলটো ফ্ৰান্সলৈ নিবলৈ চেষ্টা চলাইছিল; কিন্তু বেলটোৰ আকাৰ আৰু অত্যধিক ওজনৰ কাৰণে তেওঁৰ সেই প্রচেষ্টা সফল হোৱা নাছিল। অৱশেষত ইয়াক ১৮৩৬ চনৰ গ্ৰীষ্মকালিৰ কোনোবা এটা দিনত ফ্ৰান্সৰ স্থপত্যবিদ আগাষ্টে ডে মণ্টফোণ্ডে তুলিবলৈ সক্ষম হয় আৰু ইয়াক শিলৰ পকী খুঁটাত স্থাপন কৰে। ভঙা বেলটো লিভাৰপোলৰ কেথেড্ৰেলত বৰ্তমান প্রচলিত বিশ্বৰ আটাইতকৈ ডাঙৰ বেলতকৈ তিনিগুণ ডাঙৰ।

বেলটো কেতিয়াও বজা নাই। কাৰণ এইটো নিৰ্মাণৰ সময়তে ভাঙি পৰিছিল। কিন্তু বেলটো বাজিলে ইয়াৰ শব্দ ৫০-৬০ কিলোমিটাৰ আঁতৰৰ পৰা শুনা যাব বুলি বিশ্বাস কৰা হয়। বর্তমান বেলৰ ভঙা অংশৰে দুৱাৰ বনাই গীৰ্জাৰ থাপনা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে।

    টেমচ নদীৰ সুৰংগ আৰু চিউ-এজ প্ৰণালী

টেমচ নদীক ইংল্যাণ্ডত খুবেই মহত্বপূৰ্ণ আৰু ঐতিহাসিক নদী হিচাপে গণ্য কৰা হয়। টেমচ নদীৰ পাৰতে ইংল্যাণ্ড চহৰ অৱস্থিত। টেমচ নদী গ্লুচেষ্টশ্বায়াৰ কোট্‌স্বোল্ডচ নামৰ স্থানৰপৰা ওলাই পূৰ্বদিশত ৬ খন কাউন্ট্ৰীৰ মাজেৰে বৈ আহি লণ্ডনৰ পৰা অলপ তলত থকা টিলবৰী নামৰ স্থানত উত্তৰ সাগৰত পৰিছে।

জুলিয়াচ চিজাৰে নদীখনৰ নাম দিছিল টেমোচি। ইংল্যাণ্ডৰ প্ৰাৰম্ভিক ইতিহাসত ইয়াক টেমিচ, টেমেচিয়া, টেমনিস্ম আদি নামেৰে মানুহে নামকৰণ কৰিছিল। উনৈছ শতিকাৰ প্ৰাৰম্ভিক পৰ্যায়ত টেমচ নদী নৌ পৰিবহনৰ কাৰণে উপযোগী নাছিল আৰু জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাবে নিষ্কাশন ব্যৱস্থা যথাযথ নোহোৱাৰ কাৰণে নদীখন গেলা তথা ময়লাযুক্ত নর্দমালৈ ৰূপান্তৰ হৈছিল। লণ্ডন চহৰৰ আবাসগৃহবোৰৰ পৰা নিষ্কাশিত পানী খোলা নলাৰে বৈ আহি টেমচ নদীত পৰিছিল আৰু শেষত টেমচ নদীৰ পৰা বৈ আহি সাগৰত পৰিছিল। নিষ্কাশন নর্দমা (Sewer) বোৰ মানুহৰ মলমূত্ৰ, পেলনীয়া গেলা জাৱৰ-জোঁথৰেৰে পোত খাই প্ৰায় অৱদ্ধ হৈ পৰিছিল।কেতিয়াবা ময়লা, গেলা আৱৰ্জনা নদমাৰ পৰা বাহিৰলৈ ওলাই আহি সমগ্র চহৰৰ অলি-গলি এনেকি ঘৰৰ ভিতৰলৈকো সিঁচৰতি হৈ পৰিছিল।এই পৰিস্থিতি লণ্ডনবাসীৰ কাৰণে খুবেই মর্মান্তিক আৰু ভয়াৱহ আছিল। ইয়াৰ পৰা মহামাৰী বিয়পাৰো ভয় আছিল।

১৫০০ চনৰ ওচৰি-উচৰি সময় চোৱাত এই অৱস্থা খুবেই ভয়াৱহ হৈ পৰিছিল। ফলত তদানীন্তন সম্রাট অষ্টম হেনৰীয়ে এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এক ৰাজাদেশ জাৰি কৰিবলৈ বাধ্য হৈছিল। ৰাজাদেশত কোৱা হৈছিল যে, প্রত্যেক ঘৰৰ গৰাকীয়ে নিজৰ নিজৰ ঘৰৰ পৰা নিৰ্গত নলাবোৰ নিজেই পৰিস্কাৰ কৰিব লাগিব। এই নিয়ম যাতে নিষ্ঠাৰে পালন কৰা হয় তাৰ বাবে তেওঁ বিশেষ আয়োগো গঠন কৰি দিছিল। কিন্তু ইয়াৰ বাবে কোনো বিত্তীয় ব্যৱস্থা নথকাৰ কাৰণে আয়োগে বিশেষ কাৰ্যকৰী ব্যৱস্থা লব পৰা নাছিল। ১৬২২ চনত বিত্তীয় ব্যৱস্থা কৰাৰ পাছতহে আয়োগ সক্ৰিয় হৈছিল।কিন্তু জনসংখ্যা বৃদ্ধিৰ কাৰণে পৰিস্থিতি পুনৰ সলনি হৈ গ'ল। পৰিস্থিতি অধিক ভয়াৱহ ৰূপ লোৱাত ওঠৰ শতিকাৰ আৰম্ভণিত প্রত্যেকে নিজৰ নিজৰ ঘৰৰ মজিয়াত মলকুণ্ড তৈয়াৰ কৰি ল'লে। কিন্তু সেই মলকুণ্ডৰপৰা অস্বাস্থ্যকৰ দুর্গোন্ধ প্রায় প্রত্যেক ঘৰে ঘৰে বিয়পি পৰিবলৈ ধৰিলে। সেই নির্গত গেছ খুবেই হানিকাৰক তথা ঘাতক আছিল। ফলত সন্ধিয়া হোৱাৰ লগে লগে আটায়ে ঘৰ আৰু কাৰখানাৰ দুৱাৰ খিড়িকি বন্ধ কৰি দিব লগা হৈছিল। ইয়াৰ ফলত কেতিয়াবা সম্পূর্ণ পৰিয়াল আৰু কাৰখানত কাম কৰা শ্রমিক দম বন্ধ হৈ মৃত্যু মুখত পৰিছিল। ডাক্তৰৰ কাৰণে এয়া এক অবুজ সাঁথৰৰ দৰে আছিল।

ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ ঢাকনিযুক্ত বিশাল নদমা নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় যদিও ময়লা পৰিস্কাৰৰ কাৰণে তেতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা হোৱা নাছিল।১৮৫৬ চনলৈকে ময়লা নিষ্কাশনৰ কাৰণে কোনো আধুনিক যোজনাই ফলপ্রসূ হোৱা নাছিল। ইয়াৰ মাজতে ১৮৫৮ চনত এক ভয়ানক ঘটনা সংঘটিত হল। টেমচ নদীৰ জলধাৰা বিপৰীতমূখী হৈ চহৰৰ ফালে প্রবাহিত হবলৈ ধৰিলে। ফলত হাজাৰ হাজাৰ জনতা চহৰ এৰি পলাব লগা হল। এই ভয়াৱহ পৰিস্থিতিক ্যা গ্রেট স্টিক’ (The Great stink) নামেৰে নামকৰণ কৰা সমগ্ৰ চহৰ গেলা দুর্গন্ধৰে ভৰি পৰিল। এই পৰিস্থিতিৰপৰা পৰিত্ৰাণ পাবলৈ সংসদৰ খিড়িকিত চূণ আৰু ক্লোৰাইডত ডুবোৱা পৰ্দা লগোৱা হল।নদৰ্মাৰ উৎসস্থলত চূণ ছটিওৱাৰ ব্যৱস্থা কৰা হল। ইয়াৰ বাবে প্ৰতি সপ্তাহত ১৫০০ চিলিংকৈ খৰচ হৈছিল।

ধনী মানুহবিলাকে দুর্গন্ধ ঘৰৰ ভিতৰত সোমোৱাত বাধা প্ৰদান কৰাৰ কাৰণে দুৱাৰ আৰু খিড়িকিত পাৰফিউমযুক্ত পর্দা লগালে। চার্লচ ডিকেন্সে এজন বন্ধুক লেখা এখন চিঠিত উল্লেখ কৰিছিল যে, টেমচ নদী বর্তমান এটি ময়লাযুক্ত নৰ্দমাত পৰিণত হৈছে, বর্তমান ই এখন স্বচ্ছ নদী হৈ থকা নাই। ইয়াৰপৰা পৰিস্থিতিৰ ভয়াৱহতাৰ কথা অনুমান কৰিব পাৰি। চহৰবাসীক এই পৰিস্থিতিৰপৰা ৰক্ষা কৰিবলৈ প্ৰসিদ্ধ ইঞ্জিনিয়াৰ ছাৰ মাৰ্ক ইচবাৰ্ড আৰু তেওঁৰ পুতেক ইচবাৰ্ড কিংডম বুনেলে ময়লা বোৱাই নিয়াৰ কাৰণে টেমচ নদীৰ তলেৰে সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ দিলে। কাৰণ বুনেলৰ সুৰংগ নিৰ্মাণৰ অভিজ্ঞতা আগতেই হৈছিল। বুনেলে লণ্ডনবাসীক যান-জঁটৰ পৰা সকাহ দিয়াৰ কাৰণে টেমচ নদীৰ তলেৰে ১৬০০ ফুট এটা সুৰংগ নিৰ্মাণ কৰিছিল। এইটোৱে কোমল মাটিত পানীৰ তলেৰে নিৰ্মাণ কৰা প্ৰথম সুৰংগ আছিল আৰু বহু বছৰলৈ আটাইতকৈ কোমল মাটিৰ দীঘল সুৰংগ হিচাপে পৰিচিত হৈ আছিলবুনেলে এই সুৰংগ নিৰ্মাণৰ বাবে সুৰংগ ঢাল(Tunnel Shield) আৱিষ্কাৰ কৰিছিল।(সম্প্রতি এই যন্ত্ৰটোৱে আধুনিক চিভিল ইঞ্জিনিয়াৰসকলৰ প্ৰধান অস্ত্ৰ।) ইয়াৰ নিৰ্মাণৰ কাম ১৮৪৩ চনত সম্পূৰ্ণ হৈছিল আৰু ১৮৬০ চনলৈকে পদযাত্ৰীৰ কাৰণে মুকলি আছিল। ১৮৬০ চনত ইয়াক ৰে'ল লাইনলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ জোখ ২২.২৫X৩৭.৫ ফুট (৭X১১ মিটাৰ)। ১৯৯০ চনত ইয়াক সংস্কাৰ কৰা হৈছে। নদীৰ তলেৰে নিৰ্মাণ কৰা এই সুৰংগৰ অভিজ্ঞতাৰ আধাৰতে বুনেলে ময়লা নিষ্কাশনৰ কাৰণে সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল।

দ্যা গ্রেট স্টিকৰ ফলত সংসদ পূৰ্বৰে পৰাই গেলা ময়লা নিষ্কাশন ব্যৱস্থা(Sewer System) আধুনিক ৰূপ দিয়াৰ কাৰণে খুবেই গুৰুত্ব সহকাৰে চিন্তা-চৰ্চা কৰি আছিল। সেয়ে লণ্ডনবাসীক গেলা নাৰ পৰা সকাহ দিয়াৰ কাৰণে সংসদে বুনেলৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে যদিও কামটো আৰু অধিক ফলপ্রসূ কৰাৰ কাৰণে কামৰ দায়িত্ব বুনেলক নিদি লণ্ডনৰ আন এগৰাকী প্ৰসিদ্ধ চিভিল ইঞ্জিনিয়াৰ ছাৰ জোচেফ উইলিয়াম বেজেলগেট্টক নিষ্কাশন ব্যৱস্থা আধুনিক কৰাৰ দায়িত্বভাৰ অৰ্পণ কৰিলে।

১৮১৯ চনৰ ২৮ মাৰ্চত এনফিল্ড (মিডলচেক্স)ত জন্ম গ্ৰহণ কৰা বেজেলগেট খুবেই অভিজ্ঞ ইঞ্জিনিয়াৰ আছিল। তেওঁ উত্তৰ আয়ালেণ্ডত নিষ্কাশন আৰু পৰিশোধন প্রজেক্টৰ কাম সম্পূৰ্ণ কৰিছিল আৰু ওৱেস্ট মিংস্টৰত বিশেষজ্ঞ ইঞ্জিনিয়াৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৮৫২ চনত তেওঁক লণ্ডন মেট্রোপলিটান কমিচন অৱ চিউ-এজৰ চীফ ইজ্ঞিনিয়াৰৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল আৰু ১৮৫৫ চনত মেট্রপলিটান বোৰ্ড অৱ ওৱাৰ্কৰ চীফ ইঞ্জিনিয়াৰৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল।

বেজেলগেট্টে লণ্ডনৰ নিষ্কাশন প্ৰণালী আধুনিক ৰূপ দিয়াৰ কাৰণে গভীৰ অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ পাছত চহৰৰ অপ-পদার্থ জনবসতিপূর্ণ ক্ষেত্ৰৰপৰা টেমচ নদীৰ নিম্নধাৰালৈ বোৱাই নিয়াৰ কাৰণে এক পৰিচ্ছন্ন ভূমিগত ময়লা নিষ্কাশন(Sewer System) যোজনা প্রস্তুত কৰাৰ কাৰণে আত্মনিয়োগ কৰিলে। এই ক্ষেত্ৰত তেওঁক ৪০০ জন নক্সা প্রস্তুতকাৰী আৰু বহুতো ইঞ্জিনিয়াৰে সহায় কৰিছিল। অৱশেষত যোজনা প্রস্তুত কৰি উলিয়ালে। কিন্তু বিত্তীয় সংকট তথা বিশেষজ্ঞসকলৰ মাজত হোৱা মতভেদৰ ফলত এই যোজনাৰ কামৰ গতি লেহেমীয়া হৈ পৰিল৷ অৱশেষত ১৮৫৯ চনৰ পৰা ১৮৬৫ চনৰ ভিতৰত এই বিশাল প্রজেক্টৰ কাম সম্পূৰ্ণ কৰা হয়।

এই প্রজেক্টত ১১০০ মাইল (১৮০০ কিঃমিঃ) দৈৰ্ঘৰ চিউ-আৰনিৰ্মাণ কৰা হৈছে, 'ত ৬ টা মুখ্য অপৰোধী চিউ-আৰৰ বাহিৰেও লণ্ডনৰ শুকান নদীৰ কিছুমান বিস্তৃত ক্ষেত্ৰকো চামিল কৰা হৈছে। ইয়াত টেমচ নদীৰ উত্তৰ দিশত ৩ টা চিউ-আৰ নিৰ্মাণ কৰা হৈছে। দক্ষিণ দিশত নিম্নধাৰাৰ বেলেগ চিউ-আৰনিৰ্মাণ কৰা হৈছে। খান্দি উলিওৱা মাটিৰে মানুহৰ যাতায়তৰ কাৰণে ৰাস্তাও নিৰ্মাণ কৰা হৈছে। মানুহৰ কাৰণে নতুন বাগিচাও তৈয়াৰ কৰা হৈছে। ইয়াৰ ফলত লণ্ডনৰ পাতাল ৰে'ল প্ৰণালীৰ কেবাটাও ভাগ কাৰ্যকৰী কৰাত সুবিধা হৈছে।

এই অপৰোধী চিউ-আৰত ৪৫০ মাইল (৭২০ কিঃমিঃ) দৈৰ্ঘৰ মুখ্য চিউ-এজ তথা ১৩০০০ মাইল (২১০০০ কিঃমিঃ) দৈৰ্ঘৰ স্থানীয় চিউ-আৰো সংযোগ কৰা হৈছে। এই অপৰোধী চিউ-আৰ প্ৰণালী নিৰ্মাণৰ কাৰণে ৩১৮ মিলিয়ন ইটা, ,৮০,০০০ কিউবিক গজ (৬,৭০,০০০ বর্গমিটাৰ) কংক্রীট তথা মচলা ব্যৱহাৰ কৰা হৈছে। ইয়াক তৈয়াৰ কৰাৰ কাৰণে ৩.৫ মিলিয়ন টন মাটি খান্দি উলিওৱাই ৰাস্তা নিৰ্মাণ কৰা হৈছে।

এই চিউ-আৰপ্ৰণালীত অপপদাৰ্থ বোৱাই নিয়াৰ গতি দ্ৰুততৰ কৰাৰ কাৰণে মাধ্যাকর্ষণ শক্তি ব্যৱহাৰ কৰা হৈছে। চেল্‌সিয়া, ডেপ্টফোৰ্ড আৰু এব্বে মিল্‌চৰ দৰে ঠাইত পানীৰ স্তৰ ওখ কৰা হৈছে আৰু পাম্পিং ষ্টেচন স্থাপন কৰা হৈছে, যাতে অপপদাৰ্থবোৰ সঠিকভাবে নিষ্কাশন কৰিব পাৰে।

টেমচ নদীৰ উত্তৰ দিশত নিৰ্মিত নৰ্দমাবোৰ বেকটোন স্থিত মুখ্য সংশোধন কেন্দ্ৰত মিলিত হৈছে আৰু নদীৰ দক্ষিণ দিশত নিৰ্মিত নৰ্দমাবোৰ ক্ৰাসনেচ নামৰ ঠাইত যুক্ত হৈছে। এই প্রণালী ১৮৬৫ চনৰ পৰা কাৰ্যকৰী কৰা হৈছে আৰু ১৮৭৫

চনলৈকে কেবাবাৰো সংশোধন কৰা হৈছে। লণ্ডনত নির্মিত এই চিউ-আৰপ্ৰণালীয়ে লণ্ডন চহৰৰ চিত্ৰ সলনি কৰি দিছে। স্বচ্ছ আৰু পৰিচ্ছন্ন বাতাৱৰণৰ লগ লণ্ডন চহৰ সকলো দিশতে বিকাশ লাভ কিছেটেমচ নদীৰ প্ৰদুষণ কম কৰাৰ কাৰণে তথা উত্তৰ সাগৰক প্ৰদূষণ মুক্ত কৰাৰ কাৰণে কুৰি শতিকাত এই প্ৰণালীত কেবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্ত্তন কৰা হৈছে। এইবোৰ প্ৰচেষ্টাৰ ফলতে লণ্ডনক বিশ্বৰ সৰ্বাধিক বিকশিত আৰু আদৰ্শ চহৰবোৰৰ এখন হিচাপে গণ্য কৰা হয়। ইয়াৰ ফলত লণ্ডনৰ প্ৰভূত ঔদ্যোগিক বিকাশো সম্ভৱ হৈছে।

                                                        এফিল টাৱাৰ

ফ্ৰান্সৰ জনতাই সম্ৰাটৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ১৭৮৯ চনত বিদ্রোহ ঘোষণা কৰিছিল।এই ঐতিহাসিক বিদ্ৰোহৰ ফলত ফ্ৰান্সৰ জনগণে সম্ৰাটৰ স্বেচ্ছাচাৰি একনায়কত্ববাদী শাসনৰপৰা মুক্ত হৈছিল আৰু ফ্ৰান্সৰ বিকাশৰ ধাৰাই এক নতুন গতি লাভ কৰিছিল। ইয়াৰ ঠিক ১০০ বছৰ পাছত ১৮৮৯ চনত সেই ঐতিহাসিক ঘটনাটোক স্মৰণ কৰাৰ কাৰণে শতাব্দী উৎসৱ (centennial exposition)ৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই উপলক্ষ্যে শতাব্দী উৎসৱ উদযাপন সমিতি গঠন কৰা হয় ।

উদ্যাপন সমিতিয়ে উৎসৱটোক স্মৰণীয় কৰি ৰখাৰ কাৰণে এটি স্মাৰক নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ লয়। এই উপলক্ষ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে আৰু প্ৰদৰ্শনীত অংশ গ্রহণ কৰাৰ কাৰণে বিশ্বৰ প্ৰসিদ্ধ ডিজাইনাসকলক আমন্ত্ৰণ কৰি আনে।

দেশ-বিদেশৰ প্ৰসিদ্ধ ডিজাইনাৰসকলে এশটাতকৈও অধিক স্মাৰক ডিজাইন প্রস্তুত কৰে আৰু তাৰ মাজৰপৰা প্ৰসিদ্ধ দলং নিৰ্মাতা ইঞ্জিনিয়াৰ গুস্তাভে এফিল দ্বাৰা প্ৰস্তুত কৰা ডিজাইনটো সকলোৰে মনঃপুত হয়। এই ৯৮৪ ফুট (৩০০ মিটাৰ)ওখ টাৱাৰ লোৰ ঠাচা তথা জালীদাৰ ঠাচত নিৰ্মাণত কৰা হৈছে। এই টাৱাৰক তেতিয়া ললিত কলাৰ এক অতুলনীয় আৰ্হি হিচাপে স্বীকৃতি দিয়া হৈছিল। কাৰণ ইয়াৰ পূৰ্বে এনেকুৱা কোনো পকী স্মাৰক নিৰ্মাণ হোৱা নছিল। ই চিভিল ইঞ্জিনিয়ৰিং আৰু আর্কিটেকচাৰাল ডিজাইনৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ আছিল।

ইস্পাতেৰে নিৰ্মিত কলাত্মক আৰু আশ্চর্যজনক এই টাৱাৰ আৰম্ভণিৰ পৰা এটা শতাব্দীলৈ মতানৈক্যৰে ভৰা আছিল।কিয়নো ডিজাইনাসকলে পছন্দ কৰা এই ঐতিহাসিক টাৱাৰ জনতাৰ কাৰণে আপচু যেন আছিল। তদুপৰি জনতাৰ ভয় আছিল যে টাৱাৰটো কেতিয়াবা বাগৰি পৰিব পাৰে। এনেকি বেলেগ ইঞ্জিনিয়াৰৰ কাৰণেও ইয়াৰ সন্তলন অবুজ সাঁথৰৰ দৰে আছিল। তেওঁলোকৰ ধাৰণা আছিল যে টাৱাৰৰ ভৰে মাটিৰ সন্তুলন কেতিয়াবা বিঘ্নিত কৰিব পাৰে। কিন্তু এফিল চাহাবে ইয়াৰ গধুৰ ঠাচ এনেকৈ প্ৰস্তুত কৰিছিল যে, ঠাচৰ ওজন মাত্ৰাধিক্য হোৱা সত্ত্বেও এক বর্গমিটাৰ ভূমিত মাথোন এজন মানুহৰ ওজনৰ সমানহে হেঁচা পৰিছিল। যাৰ ফলত আজিলৈকে টাৱাৰটো স্বমহিমাৰে থিয় হৈ আছে। নিয়ম অনুসৰি প্ৰদৰ্শনী সমাপন হোৱাৰ পাছতে টাৱাৰটো ১৯০৯ চনত ভাঙি পেলাব লাগিছিল; কিন্তু ইয়াৰ অপূৰ্ব ডিজাইনৰ কাৰণে শতাব্দী সমিতিয়ে ইয়াক ভঙাৰ পৰা বিৰত আছিল।

১৮৮৯ চনত ফ্ৰান্সত গৈলাৰী অৱ মেচিন্স’(Gallery of Machines)ৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ কাৰণে এফিল টাৱাৰৰ নাম নির্মাতা আলেকজেণ্ডাৰ গুস্তাভে এফিলৰ নামেৰে নামকৰণ কৰা হয়। ই ৰোমৰ চেণ্ট পিটাৰ্চ গম্বুজ তথা গীজাৰ মহান পিৰামিডতকৈ দুগুণ ওখ।

পেরিচ চহৰৰ কাষেৰে বৈ যোৱা সেন (সীন) নদীৰ পাৰত ইয়াক নিৰ্মাণ কৰা হৈছে। এই ৮ মাইল দীঘল নদীৰ বুকুত নিৰ্মাণ কৰা ৩২খন দলঙৰ এখন দলং এফিল টাৱাৰৰ লগত সংলগ্ন। এফিল টাৱাৰ নিৰ্মাণৰ সময়ত পেৰিচ চহৰ একেবাৰে বেলেগ ধৰণৰ আছিল। তেতিয়া পাহাৰীয়া অসমতল, ওখোৰা-মোখোৰা ক্ষেত্ৰত নিৰ্মাণ কৰা এফিল টাৱাৰৰ ওচৰে-পাঁজৰে সম্প্ৰতি খুবেই ধুনীয়া চহৰ গঢ়ি উঠিছে। ফলত টাৱাৰটোৰ সৌন্দর্য বহুগুণে বৃদ্ধি পাইছে। প্রতি বছৰ এফিল টাৱাৰ দৰ্শনৰ বাবে ৬০ লাখ পর্যটকৰ ভিৰ হয়। ১৮৮৯ চনৰ পৰা ২০১০ চনলৈকে ২৫০ মিলিয়ন দর্শনার্থীয়ে ইয়াক দৰ্শন কৰিছে। ২০১২ চনত ৬১,৮০,০০০ পর্যটকে ইয়াক দৰ্শন কৰিছে। প্রতিদিন ২৫,০০ গৰাকী পৰ্যটকে ইয়াক দৰ্শন কৰে।বিশাল এফিল টাৱাৰৰ ৰচনাত্মক আকৃতি পেরিচ চহৰৰ পশ্মিম দিশত নিৰ্মাণ কৰা টাৱাৰৰ আধাৰ ২ একৰ ভূমিৰ ওপৰত বিস্তাৰিত। টাৱাৰটোৰ পৰিসৰ বর্গাকৃতিৰ। প্ৰতিটো ফাল ১২৫ মিটাৰ। টাৱাৰটো চাৰিটা তেৰেচীয়া ঠেঙৰ ওপৰত বৰ্তি আছে, যাৰ মাজত অৰ্দ্ধ বৃত্তাকাৰ মেহৰাব(চাপ্‌)আছে। এই মেহৰাবদাৰ ঠেঙেই ইয়াৰ সন্তুলন, ভৰ তথা কোমলতা বৰ্তাই ৰাখিছে। টাৱাৰৰ উচ্চতা বঢ়াৰ সমান্তৰাল ভাবেমেহৰাববোৰ ওচৰ চাপি আহিছে। এই মেহৰাবৰ বাবেই টাৱাৰৰ ঠেঙত খুব কমকৈ ভৰ পৰে। এই মেহৰাববোৰ গুস্তভৰ ইঞ্জিনিয়াৰিং অভিজ্ঞতা আৰু ৰচনাত্মক ভাৱনাৰ প্রতীক। ইয়াৰপৰা তেওঁৰ দূৰদৰ্শিতা তথা কলাত্মক দৃষ্টিৰ প্ৰমাণ পোৱা যায়। এয়া আৰু অধিক আশ্চৰ্যকৰ বিষয় এই কাৰণে যে তেতিয়া আজি-কালিৰ দৰে স্থাপত্যবিদ্যাৰ কাৰিকৰি কুশলতা সিমান বিকশিত হোৱা নাছিল। তদুপৰি গুস্তাভে এই টাৱাৰ কম সংখ্যক মজদুৰৰ সহায়ত মাথোন ২ বছৰ, ২ মাহ আৰু ২ দিনত নিৰ্মাণ কৰি উলিয়াইছিল। এই টাৱাৰ নিৰ্মাণৰ কাম ১৮৮৯ চনৰ ৩১ মাৰ্চত সম্পূৰ্ণ হৈছিল।

এফিল টাৱাৰ তিনি মহলীয়া। ইয়াৰ ওপৰলৈ উঠাৰ কাৰণে ১৭৯২ ঢাপৰ এটা খটখটী আছে। কিন্তু ইমান ওপৰলৈ উঠাৰ কাৰণে পর্যটকসকলৰ অসুবিধা হয়। সেয়েহে বিশেষভাবে নির্মিত লিফ্ট তথা এলিভেটৰ(Elevator) ব্যৱস্থা আছে। বিশ্ব প্রসিদ্ধ লিফট্ কোম্পানী ওটিচে টাওটোত লিফ্ট  লগাইছে। লিফ্‌ফ্টটো কাঁচেৰে নিৰ্মাণ কৰা হৈছে, যাতে টাৱাৰলৈ উঠা-নমা কৰাৰ সময়ত পর্যটকে চহৰৰ দৃশ্য উপভোগ কৰিব পাৰে। তৃতীয় মহলাত কাঁচেৰে নিৰ্মিত বিশেষ কোঠালি আছে, 'ত এফিল চাহাবৰ লগতে বৈজ্ঞানিক এডিচনৰ বহি থকা মূৰ্ত্তি আছে। এই মূৰ্ত্তি দুটাই পৰ্যটকৰ মনবোৰ সতেজ কৰাৰ লগতে ১৮৭৫ চনত জন্ম গ্ৰহণ কৰা এই দুগৰাকী মহান ব্যক্তিৰ কথা স্মৰণ কৰাই দিয়ে।

গুস্তাভৰ ইঞ্জিনিয়াৰিং তথা লৌহ কলাৰ এই অপূর্ব নিদর্শন পেৰিচ চহৰত ১৮৮৯ চনৰপৰা সগৌৰৱে থিয় দি আছে; কিন্তু ইয়াত মামৰে ধৰাৰ কোনো চিহ্নই নাই। নিশ্চয় গুস্তাভে লোৰ স্থায়িত্বৰ কাৰণে বিশেষ উন্নত কৌশল অৱলম্বন কৰিছিল, যিয়ে আজিলৈকে টাৱাৰটোক জলবায়ুৰ আঘাতৰ পৰা ৰক্ষা কৰি আহিছে। ১৯৩০ চনলৈকে এফিল টাৱাৰ বিশ্বৰ আটাইতকৈ ওখ টাৱাৰ হিচাপে নিজৰ অস্তিত্ব ঘোষণা কৰি আছিল; কিন্তু ১৯৩০ চনত নিউইয়র্কত ক্ৰিষ্টাৰ(Chryster) বিল্ডিং নির্মাণ হোৱাৰ পাছত সেই গৌৰৱ ম্লান পৰিছে। ইয়াৰ পাছত আৰু কেবাটাও ওখ টাৱাৰ নিৰ্মাণ কৰা হৈছে, কিন্তু এফিল টাৱাৰৰ আকৰ্ষণ পূৰ্বৰ দৰেই আছে, যি কল্পনা হয়তো এফিল চাহাবেও কৰা নাছিল।বৰ্তমান এফিল টাৱাৰ ৰেডিও প্ৰসাৰণ কেন্দ্ৰ হিচাপেও ব্যৱহৃত হৈ আছে।

টাৱাৰটোক জনতাৰ ৰোষৰপৰা ৰক্ষা কৰাৰ কাৰণে ১৯০৯ চনত টাৱাৰৰ ভিতৰত ৰেডিও প্ৰসাৰণৰ কাৰণে এটি এন্টেনা লগোৱা হৈছে। এণ্টেনাটোৰ উচ্চতা ২০.৭৫ মিটাৰ অৰ্থাৎ ৬৬ ফুট। ফলত টাৱাৰ উচ্চতা ৩০০ মিটাৰ (৯৮৪ ফুট)ৰ পৰাবৃদ্ধি পাই ৩২০.৭৫ মিটাৰ হৈছিল। বৰ্তমান এই উচ্চতা আৰু অধিক বৃদ্ধি কৰি ৩২৪ মিটাৰ কৰা হৈছে। লোৰে নিৰ্মিত পেৰিচৰ এই টাৱাৰ লৌহ কৰ্মৰ অপূৰ্ব নিদর্শন। এবাৰ ইয়াৰ ৰেডিও তথা টিভি এন্টেনা লগোৱা ক্ষেত্ৰত শ্বৰ্ট চার্কিট হৈ জুই লাগিছিল, কিন্তু অতি সোনকালেই সেই জুই নুমোৱা হৈছিল।

পেৰিচক এক শ্ৰেষ্ঠ কলাত্মক দৃষ্টি প্ৰদান কৰা এফিলৰ লৰালিৰে পৰাই কলাত্মক কীৰ্ত্তিৰ প্ৰতি ৰুচি আছিল। যেতিয়া তেওঁ এফিল টাৱাৰ নিৰ্মাণ কৰি উলিয়ালে মানুহে তেওঁক মেজিচিয়ান অৱ আয়ৰনঅৰ্থাৎ লোৰ যাদুকৰ হিচাপে নামকৰণ কৰিছিল। এফিল টাৱাৰৰ বাবে তেওঁ বিশ্ববিখ্যাত তথা মৰিও অমৰ হৈ আছে।

এফিলৰ সম্পূৰ্ণ নাম আলেকজেণ্ডাৰ গুস্তাভে এফিল (Alexendar Gustave Eiffel )৷ তেওঁৰ জন্ম ১৮৩২ চনৰ ১৫ ডিচেম্বৰত ডিজোনত আৰু মৃত্যু ১৯২৩ চনৰ ২৮ ডিচেম্বৰত পেৰিচত। ১৮৫৫ চনত কলাত স্নাতক ডিগ্রী লোৱাৰ পাছত এফিল চাহাবে ধাতুবিদ্যাত দক্ষতা অর্জন কৰিবলৈ মন মেলে। তেওঁৰ দলং নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ পাদর্শী আছিল। ফলত তেওঁ কেবাটাও ধাতুৰ নির্মিত দলং তথা অন্যান্য মডেল নিৰ্মাণ কৰিছিল। ১৯৭৮ চনত পেৰিচত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত তেওঁ ভাল ফলাফল প্ৰদৰ্শন কৰিছিল আৰু এই ক্ষেত্ৰত বিশেষ খ্যাতি অর্জন কৰিছিল। ১৮৮৯ চনত শতাব্দী প্ৰদৰ্শনীত যেতিয়া তেওঁৰ কীৰ্ত্তি গেলাৰী অৱ মেচিন্সত স্থান লাভ কৰে আৰু তেওঁৰ কীৰ্ত্তি সর্বশ্রেষ্ঠ মডেল হিচাপে ঘোষিত হয়। এইদৰে তেওঁৰ কীৰ্ত্তি সমগ্ৰ বিশ্বত বিয়পি পৰে।

এফিল চাহাবে ১৮৫৫ চনত একোডে চোলি ডেছ আর্ট এট মেনুফেকচাৰ' (Ecde centrale des et Manufactures)ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ পাছত ধাতু নির্মাণ বিদ্যাত দক্ষতা অর্জন কৰে। তেওঁৰ যাদুৰ কলা ১৮৬৭ চনত বোৰডিয়ক্স (Bodeaux )ত এখন দলং নিৰ্মাণ কৰি প্ৰদৰ্শন কৰেইয়াৰ পাছত এফিল চাহাবে কেবাটাও প্রজেক্টত কাম কৰে। তেওঁ ১৮৬৭ চনত পেৰিচত আয়োজিত ডিজাইন প্ৰদৰ্শনী গেলাৰী অৱ মেচিন্সত অংশ গ্ৰহণ কৰিছিল। ১৮৭৭ চনত তেওঁ পর্তুগালৰ ওপোৰ্টা (Oporta) নামৰ ঠাইত ডোউৰ (Douro) নৈত ৫২৫ ফুট(১৬০ মিটাৰ) ধাত্বিক চাপৰ ৰূপত এখন দলং নিৰ্মাণ কৰে। নতুন কিবা কৰাৰ কাৰণে আগ্রহী এফিল চাহাবে ইয়াৰ কিছু বছৰ পাছতে ৫৪২ ফুট (১৬২ মিটাৰ)ধাত্বিক চাপযুক্ত আন এখন দলং নিৰ্মাণ কৰে। এই দলং দক্ষিণ ফ্ৰান্সত টুয়েৰে(Truyere) নদীৰ ওপৰত নিৰ্মাণ কৰিছিল। এই দলংখন নদীৰ পানীৰ পৰা ৪০০ ফুট (১২০ মিটাৰ) ওখত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথম আৰু আটাইতকৈ ওখ দলং আছিল। এই কীৰ্তিত্ত্ব কেবা বছৰলৈ অক্ষুণ্ণ আছিল। এফিল চাহাবে নাইচ (Nice)ৰ বেধশালাত ঘূৰণীয়া গম্বুজৰ ডিজাইন কৰিছিল। আমেৰিকাৰ স্বতন্ত্রতা দেবীৰ ঠাচ ডিজাইন কৰাৰ কৃৰ্তিত্ত্বও এফিল চাহাবৰ। নতুন নতুন প্ৰয়োগৰ বাবে তেওঁ পেৰিচৰ বাহিৰত এটি এয়াৰোডাইনামিক্স লেবটেৰিস্থাপন কৰিছিল। জনকল্যাণৰ বাবে ইয়াক প্ৰয়োগ কৰাত যাতে সুবধিা হয় তাৰ বাবে এফিল চাহাবে এই লেবৰেটৰিটো ৰাষ্ট্ৰক দান কৰি গৈছে।

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)