বাংলা অনুবাদ গল্প-২

 


  বাংলা অনুবাদ গল্প-২

           সূচীপত্ৰ

(১) নয়ন-           অচিন্ত কুমাৰ সেনগুপ্ত

(৪) অসময়ত ফুল কলি-বুদ্ধদেৱ গুহ

(৫) নমুনা-         মাণিক বন্দ্যোপাধ্যায়

(৬) বিবাহৰ বিজ্ঞাপন- গজেন্দ্ৰ কুমাৰ মিত্ৰ

(২) পাদটীকা-       ছৈয়দ মুজতবা আলী

(৩) নিৰুপমাৰ চকু-   প্ৰতিভা বসু

(৭) হীৰাৰ আঙুঠি-   গজেন্দ্ৰ কুমাৰ মিত্ৰ

বিঃ দ্রঃ- গল্পবোৰ বিভিন্ন বাতৰি কাকতত প্রকাশিত।

               উছৰ্গা

শ্রদ্ধেয়া আবুজান বাহাজান নেছাৰ পবিত্ৰ স্মৃতিত গ্ৰন্থখন উছৰ্গা

কৰা হ'ল। ইতি-

                   নয়ন

তাৰ পাছত সৰু গলিৰ ভিতৰলৈ সোমাই গৈ মৃদু হাত বাউলি মাতিলে। কিয় মাতিলে সি জানে।

ঘৰৰ বাহিৰলৈ আহি থিয় হৈছিল, ইয়াৰ তথাপি অর্থ আছিল, কিন্তু সেই মুহূর্তেই সেই লৰাজনক অসহায় বিহ্বল চকুত চাই থকা দেখিব, ইয়াৰ কোনো মানে নহয়। ওৰেটো দিন ঘৰৰ গৃহকর্ত্রী মাহীৰ শাসন অনুশাসন লাগিয়ে আছে। দৰাৰ মিছিল গুচি গ'লেও বাহিৰলৈ আহি থিয় হবপৰা নাযাব। বাহিৰলৈ ওলালেই নেকি থিয় হোৱাৰ দৰে দেখাব। তেনেহ'লে অকণমান বাহিৰলৈ যাবলৈ দিয়া, সেয়াও নহ, মানুহে পিছ লব। পাণৰ দোকানৰ সন্মুখলৈ আহি পাণ কিনি খোৱা.... সেয়া নেকি আৰু বেয়া। মানুহে চিনি পেলাব। চিনিলেই উপদ্ৰৱ।

দুখীয়া গৃহস্থ পাৰাত মনে মনে আছো তাকে থাকিবলৈ দে। এয়া তোৰ কদমতলা নহয়।

এইবোৰ যে নয়ন নুবুজে সেয়া নহয়। তথাপি দিন নাই ৰাতি নাই সর্বক্ষণ পৰ্দাৰ মাজত বন্দী হৈ থাকিবলৈ অসহ্য লাগে। গৃহস্থ-অগৃহস্থ কোনে আজি বাহিৰলৈ নোলায়। বাহিৰত চলা-ফুৰা থাকিলেই বৰং মানুহে এক পৰিয়ালৰ জী-বোৱাৰী বুলি ভাবিলেহেঁতেন। পুৰুষসকলে বাহিৰত চাকৰি-বাকৰি কৰে, কেতিয়া আহে কেতিয়া যায় একো ঠিক নাই।

থাকক, আহ্লাদ কৰি লাভ নাই। শাসন কৰাৰ ভংগীত কৈ উঠে গৃহ-কর্ত্রী। এক পলকৰ চাউনিতেই আটায়ে ধৰি পেলাব।

বাহিৰলৈ ওলাবলৈ হ'লে গৃহ-কর্ত্রীয়ে ওলায়। তেতিয়াই যি অকণমান সুযোগ পায় ছোৱালীবিলাকে।

সন্ধিয়া হোৱাৰ মুখত ঠিক তেনেকুৱা এটি সুযোগে পাইছিল আৰু সুৰুক কৰে বাহিৰলৈ আহি থিয় হৈছিল নয়ন। এনেয়ে, মাথোন শৰীৰত বতাহ লগোৱাৰ কাৰণে। ওচৰ-পাঁজৰৰ আকাশ-বতাহ অনুভৱ কৰাৰ কাৰণে।

তেতিয়াই সন্মুখত পৰি গ'ল লৰাজন।

আধা ময়লা, ঢেঙা, কেনেকুৱা যেন গ্রাম্য চেহেৰা। কেনেকৈ মুখ মেলি চাই আছে চোৱাচোন  চাই আছেতো নয়নে কিয় চকুৰে ধম্‌কী মাৰি আঁতৰি নাযায় ?

কেনেকৈ ভয় খাইছে লৰাজন। ক্লান্তিকৰ দ্বিধাৰ মাজত পৰিছে। দুখোজ আগুৱাই আকৌ পিছুৱাই গৈছে। স্থিৰ কৰিবপৰা নাই। ঘৰটো সৰু হলেও পৰিষ্কাৰ-পৰিচ্ছন্ন। নিজম। সিফালে ধান খেতি, দূৰত ৰে'ল স্টেচন, ফাঁক ফাঁক ঘৰ। গছ-গছনি। এনেকুৱা পৰিৱেশত তেনেকুৱা কিবা হ'ব পাৰে নেকি? কিন্তু নহয়ে যদি ছোৱালীজনী বিৰক্ত হোৱা নাই কিয়?

ঘুৰা-ঘূৰি কৰিছে, আকৌ থিয় হৈছে দীপক। নাই নাই, আৰু নহয়, মাথোন এবাৰ চায়ে গুচি যাম।

আৰু এবাৰ চোৱাৰ কাৰণে চালে। আৰু চকুত চকু পৰোঁতেই চকুৰ কোণৰে হাঁহি মাৰিলে নয়নে

দীপকৰ বুকুৰ ভিতৰত কঁপি উঠিল। কোনে জানে এই হাঁহিৰ মানে কি?

ৰাজন খুবেই বুৰ্বক। ভীৰু, অনভিজ্ঞ।

তেতিয়াই নয়ন গলিৰ ভিতৰলৈ সোমাই গ, কিন্তু ঘৰৰ ভিতৰত অদৃশ্য হৈ নগ, থিয় দি থাকিল বাহিৰত।

এইখিনিতেও যেন পৰিষ্কাৰ হোৱা নাই সকলো। ভৰি লৰাব পৰা নাই দীপক। সাহস পোৱা নাই। কেনেকৈ আগবাঢ়িব লাগে, কি ক লাগে এই বিষয়ে একো তাৰ জনা নাই। কোনোবাই শিকায়ো দিয়া নাই। বাঃ! এনেকুৱা এষাৰ কথা কবলৈ দোষ কি? কিন্তু তাই যে গুচি ল ! তাই গুচি গৈছেতো তুমিও গুচি যোৱাসন্দেহজনক ভাবে একে ঠাইতে ঘূৰা-ঘূৰি কৰিলে মানুহে কি বুলি ভাবিব! ছোৱালীজনী যিয়েই হওঁক অথবা নহওঁক মানুহে বুজি পেলাব তোমাৰ মতলব। চিন-জনা কোনোবাই দেখিলে আৰু চাব নালাগে।

তাৰ পাছতেই ছোৱালীজনীয়ে মৃদু হাত বাউলি মাতিলে।

সন্মোহিতৰ দৰে গ'লিৰ ভিতৰলৈ সোমাই গ'ল দীপক।

মোক মাতিছা?

এয়া কেনেকুৱা প্ৰশ্ন? নয়ন মিচিকিয়া হাঁহি মাৰিলে- মই? মই তোমাক মাতিবলৈ যাম কিয়?

নাই নাই, মানে হল....…..কণ্ঠ তালু জিভা শুকাই উঠিল দীপকৰ।

কিয়? কাক বিচাৰিছা?

আৰু কোন আছে তোমাৰ বাহিৰে? শূন্য চকুত ইফালে সিফালে চালে দীপকে

এয়াওতো ঠিক।

তোমাৰ ঘৰলৈ যাবপৰা যাব নেকি?

কিয় নাযাব? তুমি যাবা নেকি? আহানা.…......... আৰু যন্ত্ৰণাৰ মাজত নাৰাখি নয়ন দীপকক ঘৰৰ ভিতৰলৈ লৈ আহিল। আনিয়ে দুৱাৰ বন্ধ কৰি দিলে।

বন্ধ ঘৰৰ ভিতৰত সোমাই দীপকৰ ভয় লাগিবলৈ ধৰিলে। জানো কি হয়? জানো কি হয়? এই ভাব তাৰ।

খাটৰ ওপৰত বহিল উভয়ে।

দীপকে কলে- তোমাক মই টকা দিব লাগিব, নহয়নে?

নিশ্চয় দিব লাগিব। টকাইতো সকলো।

কিন্তু মোৰ ওচৰততো বৰ বেছি একো নাই......পলকৰ ভিতৰতে শেঁতা পৰি গ'ল দীপক।

নাই যদি ঘৰলৈ আহিছা কিয়?

তুমি মাতিলা......

মই কেতিয়া মাতিলো? যদি কোনোবাই মাতেও, তাৰ মানে বিনা পইচাত থাকিবা নেকি?

বাৰু, মই গুচি যাওগৈ........

সেয়া নহব। নয়ন স্বমূৰ্ত্তি ধাৰণ কৰিলে- টকা দি যাব লাগিব। ঘৰৰ ভিতৰত সোমালেই টকা।

বিশ্বাস কৰা, মই পাছত এদিন আহি দি যামহি। কোৱা কিমান দিব লাগিব? মূৰ্খৰ দৰে নিৰৰ্থক কাকূতি-মিনতি কৰিবলৈ ধৰিলে দীপকে- সঁচাকৈয়ে কৈছো-

সেয়া মই নাজানো। তুমি ফাঁকি দি পলাবা। নয়ন হাত পাতিলে- মোৰ নগদ লাগিব।

মোৰ লগত এটা টকা আৰু কিছু খুচুৰা পইচা আছে। পকেটত হাত ভৰাবলৈ দুৰ্বল চেষ্টা কৰিলে দীপক। কলে- তুমি চোৱা ইয়াতকৈ বেছি একো নাই।

তেনেহ'লে তোমাৰ গাৰ চোলাটো খুলি দিয়া।

চোলাটো?

হয়, বিক্ৰী কৰিলে যি পোৱা যায়!

সোণৰ বুতাম-টুতাম একো নাই।

নাথকক--চোলা, চোলা হ'লেই হ'ব।

চোলাৰ আৰু কিমান মূল্য হব। বাজে ছিটৰ চোলা। প্রায় কান্দোনমুৱা হল দীপক। কলে- শুনা, বিশ্বাস কৰা, মই কলেজৰ ছাত্ৰ, মিছা নামাতো। কাইলৈ আহি তোমাৰ টকা পৰিশোধ কৰি দি যামহি। কোৱা কিমান দিব লাগিব?

কলেজত পঢ়া নেকি?

হয়, বি, এ-ত পঢ়ো।

দেখাততো ধাৰণা হয় স্কুলৰ ছাত্র। এধান মান। কিন্তু কেনেকৈ পৰিশোধ কৰিবা?

টিউচনি কৰোতো, তদুপৰি পুৰণি কিতাপ........

নাই নাই।......আকৌ কঠিন হৈ উঠিল নয়ন। ক'লে- চোলাটো খোলা।

উদং গাৰে কেনেকৈ যাম ৰাস্তায়েদি?

সেয়া মই নাজানো। খোলা -খুলি কৈছো। কি আশ্চর্য, চোলাটো খুলিবাতো। কেনেকৈ ঘামিছা চোৱাচোন? দীপক চোলা নুখুলিলে-নয়ন পুনৰ সেই ৰহস্যৰ সংকেত আঁকিলে চকুত।

সন্মোহিতৰ দৰে গাৰ চোলা খুলি পেলালে দীপক। তলত গেঞ্জি নাই। মাথোন নৰম ত্বকত নতুন স্বাস্থ্য মসৃণ হৈ আছে। সৰল শিশুৰ দৰে দীপকে ক'লে- মই এই প্রথম, মই একো নাজানো।

জনাৰ দৰ্কাৰ নহয়। জনা হৈ যায়। নয়ন আশ্বাস দিলে- মইতো প্রথম নহয়, মই তোমাক শিকাই দিম।

আকৌ ভয় খালে দীপক। জানো ইয়াৰ বাবেনো আকৌ কিমান মূল্য দিব লগা হয়! সেয়ে ব্যস্ত ভাবে কলে- নাই নাই, মই যাও.......

চোলাটো খামোচ মাৰি ধৰি থাকিল নয়নেলে- কলৈ যাবা?

বাইদেৱৰ ঘৰলৈ।

বাইদেউ !

হয়, বাইদেৱৰ খুউব অসুখ। তাকে চাবলৈয়েতো গৈ আছিলো।

তাই ইয়াত থাকে?

সৌ ষ্টেচনৰ কাষতে তাইৰ শহুৰেকহঁতৰ ঘৰ। তাতে আছে। কেইদিনমানৰপৰা তাইৰ খুউব অসুখ। সোনকালে যোৱাৰ কাৰণে এইটো ৰাস্তাৰে গৈ আছিলো-

কি হৈছে?

এশ তিনি চাৰি কৰি জ্বৰ, নমা নাই। ডাক্তৰসকলেও একো ধৰিবপৰা নাই। মই যাও... দীপক চঞ্চল হৈ উঠিল।

হঠাৎ গৃহ-কর্ত্রীৰ মাত শুনা গল- এই নয়ন, ঘৰত মানুহ আনিছা নেকি?

নয়নৰ সৰ্বাংগ জ্বলি উঠিল। কলে- নাই নাই, মোৰ পুৰণি মানুহ, নিজেই আহিছে।

ৰ মানুহ? সেই কদমতলাৰ? গৃহ-কর্ত্রীয়ে পুনৰ চিঞৰি সুধিলে।

কিয়, কদমতলাৰ বাহিৰে মোৰ মানুহ থাকিব নোৱাৰে নেকি? আত্মীয়-কুটুম থাকিব নোৱাৰে?

আত্মীয়-কুটুম!

 হয়, মোৰ ভাইটি আহিছে......... সৰু ভাইটি। দৃঢ় সুৰত কলে নয়নে

বায়েকৰ ঘৰত সৰু ভায়েক?

হয়, অহাত নো দোষ কত। নয়ন খেংখেঙাই উঠিল- অভাৱৰ সংসাৰৰ কাৰণে কিছু টকা-পইচাৰ প্ৰয়োজন হলে নিব নোৱাৰে নেকি বায়েকৰপৰা?

গৃহ-কর্ত্রী চুপ মাৰি গ'ল।

শিতানত বিচনী আছিল, হঠাৎ নয়ন দীপকক বিচিবলৈ ধৰিলে। ক'লে-কেনেকৈ ঘামি-জামি উঠিছা, চোৱা । মই বিচি দিলে আপত্তি কি! বেচ, কিছু সময় জিৰাই লখোৱা-বোৱা কৰি যাবি ইয়াত। বেচ, নাখালেও টকা কেইটা নিবিতো! চোলাৰ তলত গেঞ্জি নাই। এটা গেঞ্জি কিনিবি কিন্তু....

কিনিম বাৰু। দীপক নির্বিঘ্নে কলে।

কিন্তু ভায়েক-টায়েক বুলি নিশাকৰক নিবৃত্ত কৰিবপৰা নগ'ল। কিয় যে আহিছে আজি সি, এই অ-দিনত আহিল আৰু ঠিক এই অসময়ত, এয়া নিষ্প্রাণ ভাগ্যৰ পৰিহাসৰ বাহিৰেনো আৰু কি!

দুৱাৰত ক্রমাগত কৰাঘাত কৰিবলৈ ধৰিলে নিশাকৰ।

ঘৰত কাক সুমুৱাইছিলি? মাতাল হৈ আহিছে নিশাকৰে তই, মই কৰি কথা কৈছে।

ভয়ত এধানিমান হৈ গ'ল দীপক। কি কৰিব, লৈ যাব বুজি উঠিব নোৱৰিলে। তই চুপ মাৰি শুই থাক। মই দেখিছো। খাটৰপৰা নামি পৰিল নয়ন।

দুৱাৰ খুলি দিয়ে খেংখেঙাই উঠিল তাইহাল্লা কৰিছা কিয়? ই মোৰ ভাই। কেইটামান টকা নিবলৈ আহিছে।

ভায়েক? ভায়েক হৈ উদং গাৰে একেবাৰে খাটৰ ওপৰত শুইছে। কেইটামান অশালীন গালি দিলে নিশাকৰ আৰু লগে লগেই নয়নৰ চুলিত ধৰি টানি আনি গালত প্ৰচণ্ড চৰ শোধালে।

ভাল নহব বুলি কৈছো। গাত হাত তুলিছা? মাতাল ইতৰ লোক। এইদৰে কৈয়ে নিশাকৰক প্ৰবল এটি ধাক্কা মাৰিলে নয়নে

নিশাকৰ মাটিত বাগৰি পৰিল।

’, আজি তোক......উঠিবলৈ চেষ্টা কৰি সি গোঁগোঁৱাবলৈ ধৰিলে।

চোৱা, মোৰ লগত নালাগিবা। নয়ন সাৱধান কৰি দিলে- আমি দুজন আছো। ভাই-ভনী মিলি আমি তোমাক শেষ কৰি পেলাম।

নিশাকৰ উঠি কিবা এক প্রতিশোধ লবলৈ গ', নয়ন চিঞৰি উঠিল- ধৰ ধৰ......

এয়া বোধহয় দীপকক সম্বোধন কৰি ক'লে। তাৰ ওচৰত সাহায্য ভিক্ষা। সিহঁত দুজনে মিলি ধৰিলে ঘায়েল কৰিবলৈ কিমান পৰ!

তদুপৰি গৃহ-কর্ত্রীও সজাগ হৈ উঠিছে। সজাগ হৈ উঠিছে কমলা, শৈল। কি হ, কি হল বুলি সিহঁতেও চিঞৰি আছে।

আগুৱাই আহিছে নিশাকৰ। এই সময়ত তাক শিক্ষা দিয়া দৰ্কাৰ। এয়াই সুযোগ।

দীপক খাটৰপৰা নামিল। হাত বঢ়াই চোলাটো বুটলি লৈয়ে খোলা দুৱাৰেদি সি দৌৰি পলাল।

ধৰ ধৰ- পিছফালৰপৰা শুনিবলৈ পালে নয়নৰ মাত।

দীপকৰ ধাৰণা হ, এয়াও বোধহয় তাকেই উদ্দেশ্য কৰি কোৱা হৈছে। শুনিবলৈ পালে জোঁটা-পুটি, আর্তনাদ, হূলস্থূল।

চোলাটো খপ্‌জপ্ কৰি গাত জাপি দ্ৰুত গতিত বাহিৰলৈ ওলাই আহিল দীপক। নাই, ৰাস্তাত মানুহ জমা হোৱা নাই। দ্রুত সি গলিৰপৰা ওলাই নিৰাপদ দূৰত্বত অদৃশ্য হবলৈ সক্ষম হল।

কেইদিনমান পাছত মনত পৰিল, যাও এবাৰ চাই আহো সিদিনা কি হৈছিল। বিচনী দি কেনেকৈ বিচি দিলে। কলে খাই আহিবলৈ।

এনেকুৱাও হয় নেকি?

কিন্তু যিয়েই নোকোৱা কিয়, নয়নৰ সকলো লাঞ্ছনাৰ মূলত কিন্তু সি। সি নগলে এইবোৰ একোৱে নহ'লহেঁতেন। সিতো নগ'লহেঁতেন, কিন্তু তাই হাত বাউলি মাতিলে কিয়?

কোনে কাৰ মৃত্যুক আমন্ত্ৰণ কৰে?

নাজানো কি ভীষণ মাৰ খাইছে তাই সিদিনা! হয়তো মাৰো নাখালেহেঁতেন দীপক সহায় কৰিলে। তাৰ ওচৰত সাহায্য ভিক্ষা কৰিছিল নয়নে কিন্তু সি একো কৰিব নোৱাৰিলে। সিযে নিতান্তই অনভিজ্ঞ, একোৱে নাজানে, মৰা-মৰিও কৰিব নাজানে।

এটা গেঞ্জি কিনিছে, চোলাৰ তলত সেইটো পিন্ধি ল'লে। কিছু টকা ললে লগত। মনত পৰিল কৈছিল, কেইটামান টকা নিবলৈ আহিছে। আজি নহ'লে টকা কেইটা দিয়ে আহিব।

বাহিৰলৈ ওলাই আকৌ ৰৈ গ'ল দীপক।

দৰ্কাৰ নাই গৈ৷ আকৌ বা কি বিপদত পৰে! এবাৰ উভতি আহিবলৈ সক্ষম হৈছে বুলি আকৌ এবাৰ উভতি আহিবলৈ সক্ষম হ, এনেকুৱাতো কোনো কথা নাই।

নাই নাই, এবাৰ চাই অহাতনো ক্ষতি কি? কেনে আছে মাথোন এইখিনি খবৰ লোৱা, সেইটোৱেতো তাৰ অসুস্থ বায়েকক চাবলৈ যোৱা ৰাস্তা।

মনত বল পালে দীপক। গাত শক্তি পালে। চিধাই গুচি আহিল সেই মাটিৰ ঘৰৰ দুৱাৰত।

এইযে আহিছে। এইযে আহিছে! চিঞৰি উঠিল কমলা- ঐ নয়ন, তোৰ ভায়েক আহিছে।

গৃহ-কর্ত্রী মাহীয়ে কলে- বাপু, বহা। পুলিচে তোমাক বিচাৰি আছে। ঠিকনা পোৱা নাই। যাও, থানালৈ খবৰ পঠাওঁগৈ।

দীপক শিলৰ দৰে স্তব্ধ হৈ থিয় দি ৰল। শেঁতা মুখত কলে- কিয়, মই কি কৰিছোঁ?

তুমি একো কৰা নাই। গৃহ-কর্ত্রী কলে- তুমি মাৰ খাইছা, তোমাৰ সন্মুখত মাৰিছে। তুমি পুলিচ কেচত সাক্ষী হবা। তোমাক মানে নয়নতাৰাৰ ভায়েকক পুলিচ বিচাৰি আছে। খা-খবৰ পোৱা নাই। আজি যিহেতু তুমি আহি পৰিছা, এতিয়া আৰু তোমাক এৰি দিয়া নহয়। নিচাখোৰ হাৰামজাদাক জেলত পঠাম, তেহে মই গৃহ-কর্ত্রী!

মূৰত বেণ্ডেজ বন্ধা নয়ন ওলাই আহিল। দীপকক দেখি কৈ উঠিল- এওঁ নহয়৷ এওঁ মোৰ ভাই কোনে কলে? এওঁতো সিদিনা অহা নাছিল। এওঁতো সিদিনা নাছিল।

নাই নাই, এৱেঁ আহিছিল। কমলাই কলে।

তই দেখিছিলি? কেতিয়া দেখিছিলি? নয়ন এইবাৰ গৃহ-কর্ত্রীক লক্ষ্য কৰি ক'লে- তুমি দেখিছিলা?

নাই নাই, মই দেখা নাই। গৃহ-কর্ত্রীয়ে স্বীকাৰ কৰিলে।

মই দেখিছিলো, যেতিয়া যায়। কমলাই ক'লে।

সিয়ে এওঁ আছিল নেকি? মোৰ ভাইতো উদং গাৰে আছিল। দেখিবলৈ কেনে সুন্দৰ, কেনে ধুনীয়া! আয়ত চকু, শৰীৰ ৰং মোৰ দৰে বগা। এওঁতো এজন ফালতু মানুহ। কত কি খবৰ পাই গুচি আহিছে!

তেনেহ'লে মানুহজনকে নুসোধা কিয়? গৃহ-কর্ত্রীয়ে যুক্তি দাঙি ধৰিলে।

এওঁ যদি উপযাচি মোৰ ভাই বুলি পৰিচয় দিয়ে, তেনেহ'লেই মোৰ ভাই হৈ যাব নেকি? নয়ন চকু-মুখত অন্ধকাৰ দেখাৰ ভাওজুৰি লে- কোনে জানে সেই মাতালটোৰে কোনোবা চেলা নেকি?

বেলেগ ফালে চাই মৃদু মৃদু হাতৰে নয়ন ইংগিত কৰিলে। ইংগিত কৰিলে গুচি যাবলৈ।

কাৰ কাৰণে এই ইংগিত বুজিবলৈ পলম নহল দীপকৰ। সন্মোহিতৰ দৰে সি দুৱাৰৰ ফালে ভৰি বঢ়ালে।

ভাই, নে কচু ! ক'ৰবাত দেখিছে, হাস্পতালত নে থানাত, আৰু পিছ লৈছে। আকৌ এইফালে আহিলে, বাঢ়নিৰে পিটিম, কৈ থৈছো। মোৰ ভাই এনেকুৱা চোৰ নেকি? মোৰ ভাই কলেজত পঢ়ে। এনেকুৱা হাড়গিলা নহয়। দুৱাৰ নিজেই বন্ধ কৰিবলৈ গ'ল নয়ন। দুৱাৰ বন্ধ হোৱাৰ সময়ত দুটা পাল্লাৰ ফাঁক যেতিয়া সৰু হল তেতিয়া নয়ন ক্ষীণ কণ্ঠত কলে- যোৱা, পলোৱা, এইফালে আৰু কোনোদিন নাহিবা।

(জনসাধাৰণত প্ৰকাশিত)

 

                  অসময়ত ফুলকলি

অসময়ত বৰষুণ হ, দিনৰ অসময়ততো অৱশ্যেই বছৰৰো অমসয়ত। হোটেলৰপৰা ওলোৱাতো পলম হৈছিল। ৰায়পুৰ এতিয়া ডাঙৰ চহৰ। ছত্তিছগড়ৰ ৰাজধানী হোৱাৰ পাছৰেপৰা সমৃদ্ধি ক্রমান্বয়ে বাঢ়িয়ে আছে। চৰকাৰী অফিচ-কাছাৰীও বাঢ়িছে। ৰাতিপুৱা নাৰায়ণপুৰৰপৰা যাত্ৰা আৰম্ভ কৰি বহুদূৰ ৰাস্তা গাড়ীত আহি ফ্লেচহোৱাৰ কাৰণে অনি দুপৰীয়া হোটেলত উঠিছিল। প্রদীপহঁত আজি মাজনিশা গাড়ী ধৰি নাগপুৰলৈ উভতি যাব। অনিক বস্তাৰ ঘূৰাই দেখুৱাৰ কাৰণে সিহঁত সদলবলে নাগপুৰৰপৰা আহিছিল। চাৰিটা দিন আৰু চাৰিটা নিশা যেন সপোনৰ দৰে পাৰ হৈ গ'ল। জগদ্দলপুৰ, দেবী দন্ত্যেশ্বৰীৰ মন্দিৰ, ইন্দ্ৰাৱতী নদী, তাৰ পাছত অবুঝমাৰিয়া। নাৰায়ণপুৰৰ পৰাই বাইচন-হৰ্ণৰ মাৰিয়াসকলৰ অবুঝমাৰলৈ যাব লাগে। অবুঝমাৰৰ প্ৰৱেশ পথৰ ওপৰতে ছোটি ডোংৰি নামৰ এখন ঠাইত বন বিভাগৰ বঙলাত জলপান কৰি এটি পৰিত্যক্ত ঘৰত হ্যাজাক লাইটৰ পোহৰত বর্ণাঢ্য সাজ-পাৰ পৰিহিত মাৰিয়া নাৰী-পুৰুষৰ নাচ চোৱা হ'ল। বহুতে মঞ্চত উঠি নাচিলেও। সিহঁতে এক বিশেষ ধৰণৰ লাঠি লৈ নাচে যিবোৰ লৰাই থাকিলে বাঁহীৰ দৰে এক প্ৰকাৰৰ শব্দ বাহিৰ হয়। যোৱা নিশাই সিহঁতে সেই নাচ চাইছিল ৷ এতিয়াও সপোনৰ দৰে ধাৰণা হৈ আছে। প্ৰদীপ গাংগুলী, প্রদীপ মৈত্র, তাপস সাহা আৰু সঞ্জীৱ গাংগুলী সস্ত্রীক অনিক ৰেলত তুলি দিবলৈ আহিছে।

ইয়াত সকলোৱে কয় মেইল। এতিয়া বহু গাড়ী হৈছে অৱশ্যে। আগতে নাগপুৰ, ৰায়পুৰ, ভিলাই, জব্বলপুৰ, বিলাসপুৰ ইত্যাদিৰ বাঙালীসকলে কলিকতালৈ অহা-যোৱা কৰোতে বোম্বে-হাওড়া আৰু হাওড়া-বোম্বে মেইলেই একমাত্র ভসা কৰিছিল। পুৰণি অভ্যাসবশতঃ এতিয়াও সিহঁতে মেইল বুলি কয় বোম্বে মেইলক।

ভাগ্যক্রমে ৰে'ল আধা ঘণ্টা লেট আছিল, নহ'লে ৰে'ল ফেল কৰিলেহেঁতেন আজি। অভাব্ৰীজ পাৰ হৈ প্লেটফৰ্মত উঠাৰ পাছত সিহঁতে খুবেই গৰম অনুভৱ কৰি আছিল। সিহঁত এখন ফেনৰ তলত থিয় হ'ল। ফার্স্টক্লাচ এ, চি কম্পার্টমেন্ট কোনখিনিত আহি থিয় হব সেয়া সিহঁতে আগতেই কুলিক সুধি জানি লৈছিল। অনিৰ ফাৰ্ষ্টক্লাচ এ, চিত উঠাৰ সামৰ্থ নাই। সিহঁতেই তেওঁৰ কাৰণে এই বিলাসিতাৰ বন্দোৱস্ত কৰিছে। অৱশ্যে বয়স হোৱাত শৰীৰ শকত হৈ উঠিছে। এতিয়া আৰু শাৰীৰিক কষ্ট সহ্য কৰিব নোৱাৰে। আৰাম কৰি আহিছে আৰু আৰাম কৰিয়ে ওভতাৰ কথা শুনি স্বস্তি পালে অনি। ৰেলত এবাৰ উঠি লব পাৰিলে আৰু কোনো চিন্তা নাই। ভিৰৰ প্লেটফৰ্মত ঠেলা-হেঁচা কৰি উঠিবলৈ যি অলপ অসুবিধা হব।

সিহঁত প্লেটফৰ্মত থিয় হৈ গল্প কৰাৰ সময়তো সঞ্জীৱৰ কেমেৰাই বিশ্রাম নাপালে। সি ক্রমাগত ভাবে ছবি তুলি গ'ল। অনি ভাবি আছিল, যেতিয়া যৌৱন আছিল তেতিয়া কোনেও তাৰ ছবি তোলা নাই আৰু আজি এই বৃদ্ধৰ ছবি কিমান মানুহে তোলে। সাহিত্যিক হৈ যিসকল অগণিত মানুহৰপৰা ভালপোৱা, সন্মান ও শ্রদ্ধা পালে, সিহঁতৰ ভিতৰত অধিকাংশই অপৰিচিত, সেয়া কোৱাৰ কথাও নহয় আৰু পাহৰাৰ কথাও নহয়। হৃদয় ঈশ্বৰৰ ওচৰত কৃজ্ঞতাত ভৰি উঠে। লগত সঞ্জীৱৰ স্ত্ৰী সুচিত্রাও আছে। তায়ে সিহঁতৰ দলত একমাত্র মহিলা। ছোৱালীজনীক ৰায়পুৰত ভনীয়েকৰ ওচৰত ৰাখি দ্বিতীয় মধুচন্দ্ৰিকালৈ ওলাই আহিছে সিহঁত। বহিছে টাটা চুমুৰ একেবাৰে পাছফালৰ ছিটত। কেনেকুৱা প্রেম! সিহঁত হালক চাই খুবেই ভাল লাগিছে এই কেইদিন অনিৰ।

নিধুবাবুৰ এটা গান আছে।

প্ৰণয় পৰম ৰতন ৰাখা তাক যতনেৰে, বিচ্ছেদ দগাবাজ আহি যেন তাক কোনোদিন নহৰে, অনেক প্রতিবাদী তাৰ, হেৰুৱালে পোৱা ভাৰ, কেতিয়া যে সি হয় কাৰ, কোনে কব পাৰে।'

সঁচা কথা। প্ৰেমক নিৰন্তৰ সেৱা-যত্ন কৰি, উজ্জ্বল কৰি ৰাখিব নোৱাৰিলে, প্রেম বেলেগ ফালে ঢাল খায়।

প্লেটফৰ্মত এক ধৰণৰ কোলাহল শুনা গ'ল। ঘুমন্ত অজগৰ জাগি উঠিলে যিদৰে হয় তেনেকৈ লৰিচৰি উঠিল জন অৰণ্যৰ বুকু। ৰে'লখন আহি গ'ল। প্রদীপহঁতে অনিক লৈ ডবাত উঠিকম্পার্টমেণ্টত বহুৱাই দিলে। মাজৰ ষ্টেচনত ৰিজাৰ্ভেশ্বন চাৰ্ট নাথাকে। গাড়ী এৰাৰ পাছত কণ্ডাক্টৰ গাৰ্ডে যাক যলৈ যাবলৈ কব তালৈকে যাব লাগিব। অনিক যিটো কম্পার্টমেণ্টত উঠালে সিটো ফোৰ বাৰ্থ কম্পার্টমেণ্ট। এজন ভদ্রলোকে হয়তো দুপৰীয়া ভদকা বা বিয়াৰ খাই পৰ্দাবোৰ টানি দি টোপনিত লালকাল দিছিল। ৰায়পুৰ ষ্টেচনৰ কোলাহল আৰু আগন্তুকসকলৰ আগমনত সি বিমর্ষভাবে জাগি উঠি অলসভাবে আগন্তুকসকলৰ ফালে চাবলৈ ধৰিলে। অনি উঠাৰ অলপ পাছতেই এগৰাকী সুন্দৰী মহিলা, বয়স চল্লিছৰ ওচৰা-উচৰি, ছাই ৰঙৰ শাৰী পিন্ধি কম্পার্টমেণ্টলৈ উঠি আহিল । আৰু তাইৰ লগত স্টেনগানধাৰী অলিভগ্ৰীন পোচাক পিন্ধা এজন প্ৰহৰী। এজন সুদৰ্শন ভদ্রলোকো উঠি আহিছিল সিহঁতৰ লগত। মহিলাগৰাকীৰ লগত বহু মালপত্র, ডাঙৰ ডাঙৰ চ্যুটকেচ। ভদ্রলোকজনে বাঙালী কণ্ডাক্টৰক ধমকিৰ সুৰত সেই মহিলাগৰাকীলৈ আঙুলিয়াই হিন্দীত কলে- এওঁক আজে-বাজে লোকৰ লগত একেটা কম্পার্টমেণ্টত নিদিব, আকৌ অকলেও নিদিব। নহলৈ আপোনাৰ চাকৰি যাব। এটেনডেণ্ট আৰু কণ্ডাৰ গাৰ্ড দুজনেই হাতযোৰ কৰি নাই নাই ছাৰ, একো চিন্তা নকৰিব ছাৰ' বুলি অনুনয় বিনয় কৰিবলৈ ধৰিলে।

ৰে'ল এৰি দিয়াৰ মুহূৰ্তত, চাৰি মিনিটমানৰ স্টপেজ বোধহয়, অনি শুনিলে, প্রদীপহঁতেও সিহঁতক মাতি সাৱধান কৰি দিছে-বাংলাৰ বিখ্যাত লেখক গৈ আছে, এইদৰে সঁকীয়াই দিয়ে অনিৰ নামটো কৈ কলে- তেওঁৰ যেন কোনো অসুবিধা নহয়। বুজিবই পাৰিছে, কলিকতাৰ এনে কোনো কাকত নাই যিসকলে তেওঁৰ কথা নামানে।

নাই নাই ছাৰ, কি কৈছে ছাৰ। হাতযোৰ কৰি এইদৰে কোৱাৰ লগে লগে ৰে'ল এৰি দিলে। ভদ্র মহিলাৰ লগত ইমানেই মালপত্ৰ আছিল যে, কৰিডৰ একেবাৰে জাম কৰি ৰাখিছিল। সেয়ে ৰে'ল এৰাৰ সময়ত অনি গৈ সিহঁতৰ লগত দেখা পর্যন্ত কৰিব নোৱাৰিলে।

ৰে'ল এৰি দিয়াৰ পাছত কণ্ডাৰ গাৰ্ড আৰু এটেনডেণ্ট আহি ভদ্র মহিলাক কলে- কওঁক আই, আপোনাৰ কাৰণে কি কৰিব পাৰো? তাৰ পাছত অনিৰ ফালে আঙুলিয়াই ক'লে- আপোনাক আৰু তেওঁক এটি ফোৰ-বাৰ্থ কম্পার্টমেণ্ট দি দিম। লক্ষ্য ৰাখিম যাতে নিশা কোনো যাত্রী আপোনালোকৰ কম্পার্টমেণ্টত উঠিব নোৱাৰে।

সিহঁতে হিন্দীতেই কথা পাতিছিল, কিন্তু সেই হিন্দী যথাৰ্থ হিন্দী ভাষীৰ বোধগম্য হোৱাৰ কথা নহয়।

ভদ্র মহিলাই কোনো কথা কোৱাৰ আগতেই সিহঁতে অনিৰ ফালে আঙুলিয়াই ক'লে- ৱবুজুর্গ আদমী হ্যায়, অউৰ বাঙ্গাল কী বহুত ভাৰী ৰাইটাৰ ভী হে । এইদৰে কৈয়ে অনিৰ নামো কলে, অনিকেত সেন । ভদ্র মহিলাৰ মূৰত ঘোমটা নাছিল, কিন্তু চকুৰ দৃষ্টিত এনেকুৱা এটা কিবা এটা আছিল যিটো ঘোমটাৰ দৰেই আছিল।

তাই তলৰ ফালে চাই ক'লে- তেওঁৰ লগত একেখন কম্পার্টমেণ্টত যাবলৈ মোৰ আপত্তি নাই।

ইমান ডাঙৰ বৰ্মাল্য, ইজ্জত অনি বহুদিন পোৱা নাই।

সিহঁতে কলে- আপোনালোক মানে...... মেডাম আৰু ছাৰ বিকম্পার্টমেণ্টলৈ যাওঁক। আপোনালোকৰ সকলো মালপত্ৰ আমি পঠিয়াই দি আছো।

স্টেনগানধাৰীয়ে কলে- আপুনি নিশ্চিন্তে যাওঁক, আই।

মহিলাগৰাকী আৰু অনি বিকম্পার্টমেণ্টলৈ আহিল। ৰেলখনে গতি বঢ়াইছে। কম্পার্টমেণ্টটো দুলি উঠিছে। প্রথম দহ মিনিট কোনেও কোনো ধৰণৰ কথা নক'লে। অনিৰ অস্বস্তি লাগিবলৈ ধৰিলে। ওৰেটো নিশা এগৰাকী অপৰিচিতা মহিলাই মাথোন নহয়, অত্যন্ত সুন্দৰী মহিলাৰ লগত একেটা কম্পার্টমেণ্টত যাব এই কথাটোৱে তেওঁৰ মনৰ মাজত তোলপাৰ লগালে। অনিৰ বহুত বয়স হৈছে, কিন্তু বৃদ্ধ হোৱা নাই। তেওঁৰ মাজত এটি লৰালি মন পট্টা কৰি বহিছে সেই সোতৰ বছৰ বয়সৰপৰা, যি এতিয়াও তেনেকুৱাই প্রেমিক, তেনেকুৱাই

অবুজ, তেনেকুৱাই ভাবাবেগ সম্পন্ন হঠকাৰি। তেওঁ নিজক যিমান ভয় পায়, পৃথিবীৰ বেলেগ কোনো বস্তুক সিমান ভয় নাপায়।

অনি সুধিলে- লগত স্টেনগানধাৰী চিকিউৰিটি কিয়? আপোনাৰ স্বামী আর্মিত চাকৰি কৰে নেকি?

অনিয়ে ইংৰাজীতেই সুধিলে।

ভদ্রমহিলাই ক'লে- মোক চিনিবপৰা নাই অনিদা। মই তোমালোকৰ লেক ৰোডৰ নমু।

নমু! তুমি?

কি কব ভাবি উলিয়াব নোৱাৰিলে অনিয়ে

স্টেনগান? নমুই হাঁহি মাৰি ক'লে- মোৰ শহুৰ দেউতা মন্ত্ৰী আছিল। ছত্তিছগড়ত এম, চি, চিৰ তাণ্ডৱ চলিছে, সেয়ে চিকিউৰিটি। মই তেওঁৰ ডাঙৰ ল'ৰাৰ স্ত্ৰী।

হঠাৎ মধ্যপ্ৰদেশৰ অভিজাত পৰিয়ালৰ লৰাৰ, মিনিষ্টাৰৰ এনেকুৱা মতিগতি?

মোৰ শহুৰ দেউতা অচ্যুদানন্দ শর্মা বাংলা সাহিত্য, বাংলাৰ গান, ৰবীন্দ্ৰ নাথ আৰু বাঙ্গালী মানুহক খুবেই পচন্দ কৰে। সেয়ে ভাল বংশৰ, গ্রেজুৱেশ্বন কৰা সুন্দৰী বাঙ্গালী ছোৱালী, যদিও তুমি মোক পেচি বুলি মাতিছিলা, পচন্দ কৰি নিজৰ লৰাৰ লগত বিয়া পাতি দিছিল। অৱশ্যে এই ক্ষেত্ৰত পাৰিবাৰিক কৌলীন্যই বেছিকৈ লক্ষ্য কৰিছিল। তুমিতো জানাই, মেদিনীপুৰ জিলাত আমাৰ মস্ত জমিদাৰী আছিল আৰু মোৰ আতাৰ ৰজা পদবীও আছিল। তুমি যেতিয়া মোক দেখিছিলা, তেতিয়া দেউতাই লেক ৰোডত ঘৰ বান্ধি কলিকতালৈ উঠি আহিছিল। কিন্তু মেদিনীপুৰত আমাৰ সেই প্রাসাদ এতিয়াও আছে আৰু সৰু খুড়া মাথোন তাত থকাই নাছিল আমাৰ অৱস্থাও ওভতাই আনিছিল, লেক ৰোডৰপৰা আলিপুৰলৈ উঠি যোৱাৰ পাছত। সৰু খুড়াই খুব লেখা-পঢ়া শিকিছিল। গান-বাজনাৰো খুউব চখ আছিল, ভাল চিকাৰীও আছিল। তুমিতো দেখা নাছিলা সৰু খুড়াক।

নেদেখিম কিয়? তেওঁ দেখোন মাজে সময়েই কলিকতালৈ আহিছিল।

’, তেনেহ'লে তুমি দেখিছিল৷ তেওঁক? মোৰ শহুৰৰ লগত বিহাৰৰ চৌপাৰনত এটি চিকাৰৰ কেম্পত দেখা হৈছিল সৰু খুড়াৰ। তাৰ পাছত সৰু খুড়াৰ নিমন্ত্ৰণত তেওঁ অনন্তপুৰলৈ আহিছিল আৰু মোক দেখি খুব পচন্দ হৈছিল। তেওঁ সৰু খুড়াক কৈছিল- মোৰ ডাঙৰ লৰাই লেখা-পঢ়া শেষ কৰিলেই মই এওঁক বহুৰাণী কৰি লৈ যামহি। ইজাজৎ দিয়ক। তাৰ পাছত কিছু সময় মনে মনে থাকি নমুই কলে- মই এতিয়া কেনেকৈ নিখুঁত হিন্দীত কথা পাতো দেখিলানে? ঘৰৰ ডাঙৰ বহুৰাণী হৈ সকলোৰে মন যোগাই চলি আছো। মোৰ শহুৰৰতো মোক নহ'লে এটা মিনিটো নচলে৷ এনেকি ইয়াৰ কাৰণে শাহু আয়ে অনুযোগ পর্যন্ত কৰে।

হয় নেকি? সঁচা? গল্পৰ দৰে শুনাইছে, চিনেমাৰ গল্পৰ দৰে। তাৰ পাছত অনি ক'লে- তোমালোক ঠিক পানীৰ দৰে। যি পাত্ৰত ৰখা হয় তোমালোক তেনেকুৱাই হৈ যোৱা। খাপ খোৱাই লবপৰা ক্ষমতা তোমালোকৰ অসীম।

ইয়াৰ ছোৱালীবিলাক বেলেগ ধৰণৰ। এওঁলোকৰ আৰ্থিক স্বাধীনতা আছে যে। তাৰ পাছত কলে- এতিয়া তোমাৰ কথা কোৱা। বিয়াতো নিশ্চয় কৰিছা ? 'ৰা-ছোৱালী কেইটা?

তুমিতো জানাই নমু । সকলোৱে যি কৰে মই সেয়া নকৰো। কৰিলে, তোমাক ভালপোৱাৰ অপৰাধত তোমাৰ দেউতাকে যেতিয়া হত্যা কৰাৰ ষড়যন্ত্র পর্যন্ত কৰিছিল, তেতিয়াও তোমাক ভাল নোপোৱাকৈ থাকিবপৰা নাছিলো। ৰজা-জমিদাৰৰ স্বভাবে এনেকুৱা । তুমি এক ধৰণৰ আছিলা, মই আন এক ধৰণৰ। আমি প্রতিজন মানুহই বেলেগ বেলেগ ধৰণৰ। পৃথিবীখন সেয়ে হয়তো ইমান ইণ্টাৰেষ্টিং এতিয়াও। তুমি তোমাৰ দেউতাকৰ দৰেই অভিজাত হব বিচাৰিছিলা। ডাঙৰ মানুহৰ ছোৱালী, ৰজাৰ বহুৰাণী হব বিচাৰিছিলা । সেয়াই হৈছা। এই সংসাৰত যিয়ে যি বিচাৰে সেয়াই হয়তো পায়। অৱশ্যে সকলোৱে যে পায় সেয়াও নহয়। হয়, বহুতেই পায়। সম্ভৱতঃ অধিকাংশ ছোৱালীয়ে তোমাৰ দৰে। এজন চাল-চৌকা নথকা লৰা, সি যিমানেই মেধাৱী আৰু ভাল নহওঁক কিয়, তোমাৰ যোগ্য সি কোনো ফালৰ পৰাই নাছিল।

সেয়া দেউতাৰ কথা আছিল, মোৰ কথা নাছিল। তুমি সেয়া ভালদৰেই জানা। কিন্তু ইমান দিন পাছত আকৌ দেউতাক লৈ টনা- আঁজোৰা কৰিছা কিয়, অনিদা। দেউতাতো মোৰ বিয়াৰ পাছতেই গুচি গৈছে।

হয় নেকি? মায়েৰা, মায়েৰা আছে?

এৰা, মাৰ ওচৰলৈয়ে গৈ আছো। এতিয়া মা অনন্তপুৰতেই থাকে, অৱশ্যে নমাহ ছমাহত কলিকতালৈও আহে।

তোমাৰ মায়েৰা একেবাৰে বেলেগ ধৰণৰ আছিল। তোমালোকৰ পৰিবাৰৰ সকলো আড়ম্বৰ, ভাৰি ভাৰি পৰাম্পৰাগত সোণৰ গহেনাৰ মাজত এটি সৰু কিন্তু উজ্জ্বল হীৰাৰ নাকফুলিৰ দৰে। তুমি ঠিক তোমাৰ দেউতাৰাৰ দৰে আছিলা। মায়েৰাৰ দৰে হবপৰা নাছিলা।

মোৰ প্ৰশ্নৰ উত্তৰটো কিন্তু এতিয়াও মই পোৱা নাই। নমিতাই ক'লে।

সম্পূর্ণ কম্পার্টমেণ্টটো তাইৰ পাৰফিউমৰ গোন্ধত আমোলমোলাই আছিল।

কোন প্রশ্নৰ? অনিয়ে সুধিলে।

ৰা-ছোৱালী কেইটা? নবৌ ক'ৰ ছোৱালী?

ম‍ই বিয়া কৰোৱা নাই। কৰালে, অনন্তপুৰৰ ৰাজপৰিয়ালৰ নমিতাকেই কৰালোহেঁতেন। যাকে তাকে লৈ মোৰ চলা অসম্ভৱ। হয়, মই যিজনীক বিচাৰিছিলো তাইৰ লগত এতিয়াৰ তোমাৰ কিমানখিনি সাদৃশ্য আছে সেয়া অৱশ্যে নাজানো। সাদৃশ্য থাকক আৰু নাথাকক, মোৰ মনত তুমি যেনেকুৱা আছিলা এতিয়াও ঠিক তেনেকুৱাই আছা। মোৰ নমু হৈয়ে আছা।

নমিতা গম্ভীৰ হৈ উঠিল। তলমুৱা হৈ ক'লে- ইমান লেখা-পঢ়া শিকিও তুমি চেণ্টিমেণ্টাল বাবুই ৰৈ গ'লা কেনেকৈ? আজি-কালি কোনোবাই দেৱদাস হয় নেকি? সেয়াতো পৰম মূৰ্খামী। মই এনেকুৱা আছিলো নেকি? মোৰ মাজত কি আছিল, যি বেলেগ কোনো ছোৱালীৰ ওচৰত নাছিল?

অনিয়ে হাঁহিলে। কলে- অংগ-প্ৰত্যংগৰ কথা কৈছা? সেয়াতো সকলো ছোৱালীৰে একেই। শাড়ী খুলিতো তোমাক কোনোদিন চোৱা নাই আৰু কেতিয়াও চাবলৈ বিচৰাও নাই। শৰীৰৰ বাহিৰেও এজনী ছোৱালীৰ বহু কিবা-কিবি থাকে, পৃথকীকৰণৰ চিহ্ন হিচাপে।

সেয়া কি? মানে সেইবোৰ কি?

সেইবোৰ কোৱাৰ কথা নহয়। পুৰুষসকলেই সেইবোৰ জানে। তোমাক বুজাব নোৱাৰিম, আৰু ইমান বছৰ পাছত সেয়া কোৱাৰ প্রয়োজনেই বা কি? লাভতো নাই।

তুমি কলিকতালৈ গৈ আছা নেকি, নে ৰাস্তাত বেলেগ ক'ৰবাত নামিবা ?

ম‍ই খড়্গপুৰত আই, আই, টিত পঢ়াও। খড়্গপুৰতেই নামিম।

হয় নেকি? ময়ো খড়্গপুৰতে নামিম। তাৰ পাছত তাৰপৰা গাড়ীত অনন্তপুৰলৈ যাম।

অনন্তপুৰত কিমানদিন থাকিবা?

পোন্ধৰ দিনতো অৱশ্যেই। তুমি যাবা নেকি?

নাই, নাযাও।

কিয়? নোযোৱা কিয়?

মোৰ বহুত কাম। ক্লাচতো আছেই, ক্লাচৰ পাছতো পঢ়া-শুনা থাকে। ছাত্র-ছাত্ৰীসকলৰ বহুতে ঘৰলৈ পঢ়িবলৈ আহে। এজনী ছোৱালী আহে, তাইৰ নাম নমিতা। দেখিবলৈও তাই প্রায় তোমাৰ দৰেই। তাইক দেখিলে মোৰ তোমাৰ কথা মনত পৰে।

তুমি কি বিষয় পঢ়োৱা।

আর্কিটেকচাৰ। স্থাপত্য।

তাৰ পাছত ক'লে- তোমাৰ কপালৰ ওচৰত চুলি পকিবলৈ লোৱাত তুমি আৰু ধুনীয়া হৈ উঠিছা।

যৌৱনে যেতিয়া ছুটী বিচাৰে, তেতিয়া এইবোৰ কনচোলেশ্বন প্রাইজ দি যায় যোৱাৰ সময়ত। অনিয়ে হাঁহি মাৰি ক'লে। তাৰ পাছত লে- তুমি আৰু সুন্দৰী হৈ উঠিছা। বেলেগ ধৰণে। বহুৰাণীৰ আভিজাত্য আহিছে তোমাৰ মাজত। বাৰু, তোমাৰ স্বামীয়ে তোমাৰ লগত বাংলাত কথা পাতে নেকি?

নাই নাই, হিন্দীতেই পাতে।

অসুবিধা নহয় তোমাৰ ?

প্রথম প্রথম হৈছিল, এতিয়া নহয়। অৱশ্যে মোৰ শহুৰে ধুনীয়া বাংলা জানে। ৰবীন্দ্ৰনাথৰ খুউব ভক্ত।

মোৰ কোনোবা কিতাপ পঢ়িছে নেকি তেওঁ?

নাজানো, সুধি চাম বাৰু। তুমি যে লেখক হৈছা, পশ্চিম বংগলৈ আহিলে মানুহৰ মুখত শুনিবলৈ পাওঁ। তেওঁ এই কাৰণেই পঢ়া নাই হয়তো। বংকিম, ৰবীন্দ্ৰনাথ, শৰৎ চন্দ্ৰ, বিভূতিভূষণ, তাৰাশংকৰ ইত্যাদিৰ বহু কিতাপ আছে তেওঁৰ ওচৰত। তেওঁলোকৰ পৰৱৰ্ত্তীচামৰ কাকো নাজানে বোধহয়

তুমি মোৰ কোনোবা কিতাপ পঢ়িছা নেকি?

লজ্জিত ভাবে নমিতাই ক'লে- পঢ়া নাই, ইয়াত, এই ৰায়পুৰত বাংলা কিতাপ পাম কত। বাংলা বাতৰি কাকত হয়তো আহে, কিন্তু আমাৰ ঘৰত ৰখা নহয়। তাৰ পাছত পুনৰ লজ্জিত কণ্ঠত কলে- আদত ছুট গয়ী।

অনিয়ে হাঁহি মাৰিলে। কলে- তুমি আজিকালি এনেকুৱা বাংলাই কোৱা নেকি?

বুজিব পাৰিলাতো। বুজিব পাৰিলেই হল। নমিতাই হাঁহি মাৰি কলে- তুমি সময় পোৱা কেনেকৈ নিজৰ চাকৰি কৰি?

সময় আমালোকৰ সকলোৰে ঢেৰ। সময় নষ্ট নকৰিলে সময়ৰ অভাৱ নহয়। ইয়াৰ পাছতেই সুধিলে- তোমাৰ ল'ৰা-ছোৱালী কেইটা?

দুটা লৰা। ডাঙৰটোৰ বয়স বাৰ। ইচ্ছা আছে বাঙালী বোৱাৰী অনাৰ। মোৰ শহুৰৰো সেয়াই ইচ্ছা। দুখীয়া ঘৰৰ মোটা-মুটি লেখা-পঢ়া জনা, খুবেই সুন্দৰী কোনো ছোৱালী যদি তোমাৰ জনা-শুনাৰ ভিতৰত আছে, চাবাচোন মোৰ ল'ৰাৰ কাৰণে। এতিয়াৰ পৰাই চগাইকৰি ৰাখিম। লৰাৰ বয়স কুৰি হলেই বিয়া পাতি দিম।

ৰাই ৰোজগাৰ কৰাৰ আগতেই।

দেউতাকৰ ব্যৱসায় লৈ বহিব। ৰোজগাৰৰ কাৰণে চাকৰি কৰাৰ দৰ্কাৰ নহ'ব। বি, এটো পাছ কৰিলেই হল ৷ মোৰ শহুৰ আৰু স্বামীৰতো বহু ধৰণৰ ব্যৱসায়- ব্যৱসায় এতিয়া স্বামীয়ে চণ্ডালে। শহুৰে ৰাজনীতি আৰু পঢ়া-শুনা লৈ ব্যস্ত থাকে।

দুখীয়া ঘৰৰ ছোৱালী আনি তাইকো ভৰিত সোণৰ শিকলি আৰু নাকত হীৰাৰ নাকফুলি পিন্ধাই পোহনীয়া চৰাই কৰিব বিচাৰিছাতো, তোমাক যেনেকৈ কৰিছে তোমাৰ শহুৰ দেউতাৰাই? তায়োতো বাংলা পাহৰি গৈ তোমাৰ দৰেই ক, আদত ছুট গয়ী। এনেকুৱা কুকৰ্ম মোৰ দ্বাৰা নহ'ব।

এনেকৈ কৈছা কিয়? মই সুখী হোৱা নাই নেকি?

হৈছা নেকি? আচলতে সুখ কাক কয় সেয়া তুমি ঐশ্বৰ্যৰ মাজত ডুবি থাকি পাহৰি গৈছা। আৰাম এক কথা আৰু সুখ আন এক কথা।

নমিতাই অলপ দুখ পালে। কলে- হয় নেকি?

তেনেকুৱাইতো।

আৰু তুমি সুখী হৈছা?

মই কেনেকৈ সুখী হ? সেই লেক ৰোডৰ নমিতাক যে এতিয়ালৈকে পাহৰিব পৰা নাই। সুখী আৰু মোৰ এই জীৱনত হোৱা সম্ভৱ নহয়৷ মই যিজনী ছাত্ৰীৰ কথা কলো, যিজনী দেখিবলৈ ঠিক তোমাৰ দৰেই, তাইৰ মাজতে তোমাক মই জীয়াই ৰাখিছো।

তাৰ পাছত উভয়ে উভয়ৰ চকুলৈ চাই বহু সময় মনে মনে থাকিল। নমিতাৰ গর্বিত আৰু মৰমিয়াল মুখখনৰ ফালে চাই অনিৰ খুবেই ইচ্ছা জাগিল তাইক চুমা খাবলৈ, এটেনডেণ্টৰ কম্পার্টমেণ্টত হাতত স্টেনগান লৈ বডিগার্ড থকাৰ পাছতো। এটি চুমা খালে নমিতা খুবেই সুখী হব । অথবা কোনে জানে, তাইৰ মধ্যপ্রদেশীয় শহুৰ ঘৰৰ পৰিৱেশত থাকি তাই হয়তো খুবেই ৰক্ষণশীল হৈ উঠিছে। থাকক। কি দৰ্কাৰ।

এ. চি, ডবাৰ খিড়িকিৰে নিশা বাহিৰৰ কোনো বস্তু দেখা নাযায়। বিৰক্তিকৰ। ৰে'লখন কোনোবা এটা ষ্টেচনত ৰৈ গ'ল৷ কোনোবা দূর্গ ব হয়তো। আকৌ অলপ পাছতেই এৰি দিলে।

নমিতা মনে মনেই থাকিল, দুচকুত অভিমান লৈ।

অনিৰ মনত পৰি গ'ল আগা শাহীৰ তহলবীৰ এটি শায়েৰী-

লোৰ, হম বঁতায়ে ওঁচা-ও-গুল সে ফৰক কেয়া?

এক বাত হোয় কহি-হুয়ি, কে বে-কহি হুয়া।

(ফুলৰ ৰং আৰু ফুলকলিৰ মাজৰ পাৰ্থক্য মই ভালদৰেই জানো।

ফুল হল কৈ পেলোৱা কথা আৰু ফুলকলি হল যি কথা কোৱা হোৱা নাই, সেয়া।)

ৰে'লখন দুলি উঠাৰ পাছত উভয়ৰ চাৰি চকুৰ মিলন হওঁতেই হঠাৎ দুজনেই একেলগে হাঁহি মাৰিলে। নিঃশব্দে।

অনিয়ে ক'লে- দুৱাৰটোতো লক্ কৰাই আছে। মোৰ অকণমান কাষলৈ আহাচোন, নমু।

নমিতাই কোনো ধৰণৰ উত্তৰ নিদিয়াকৈ, তলত ৰখা নম চামৰাৰ চেণ্ডেল ভৰিত দিবলৈ যত্নপৰ হল। অনি লক্ষ্য কৰিলে, নমুৰ সুন্দৰ বগা পাভমাছৰ দৰে ভৰিৰ পতা দুটা অন্যায় কৰাৰ উত্তেজনাত থৰথৰকৈ কঁপি আছে। কোনে জানে, কিমান সময় লব নমু অনিৰ কাষলৈ আহিবলৈ। অনি নমুৰ ভৰিৰ ফালে চাই অপেক্ষা থাকিল। ভাবিলে, যিমান সময় লাগে, লাগক। প্রায় একুৰিটা বছৰ পাৰ হৈ আহিবলৈ সময়তো অলপ লাগিবই।

(জনসাধাৰণত প্ৰকাশিত)

                       নমুনা

মাথোন কেশৱৰে নহয়, এনেকুৱা অৱস্থা আৰু বহুতৰে হৈছে। অন্ন নাই, কিন্তু অন্ন পোৱাৰ এটা উপায় পোৱা গৈছে ছোৱালীৰ বিনিময়ত। কেবা বস্তা অন্ন, ছোৱালীৰ দেহৰ ওজনৰ দুই তিনিগুণ। তাৰ লগত কিছু নগদ টকাও, যাৰ দ্বাৰা কেবাখনো কাপোৰ কিনা যাব পাৰে।

এবছৰমান আগতো কেশৱ ছোৱালীজনীৰ কাৰণে ভাল দৰা বিচাৰিছিল, নগদ অলংকাৰ কাপোৰ-কানি, বিছনাপত্ৰসহ শৈলক দান কৰাৰ কাৰণে। ছোৱালীজনীক শাস্ত্ৰ অনুসাৰে ধৰ্ম অনুসাৰে দান কৰাৰ কাৰণে সি সর্বস্বান্ত হোৱাৰ কাৰণেও প্রস্তুত আছিল। কিন্তু তাৰ সৰ্বস্ব খুব বেছি নথকাৰ কাৰণে যেনে তেনে গ্রহীতাও আগবাঢ়ি অহা নাই। শৈলৰ ৰূপ আকৌ চলিবপৰা ধৰণৰ। অথচ তাইৰ এতিয়া বিয়াৰ বয়স পাৰ হওঁ হওঁ অৱস্থা।

কিন্তু বৰ বিচাৰি থকাৰ মাজতে নিজৰ, ঘৈণীয়েকৰ, ৰা-ছোৱালীৰ আৰু এই শৈলৰ পেটৰ অন্ন- এক পেটি, আধা পেটি, সিকি পেটি অন্ন যোগাৰ কৰিবলৈ গৈ কেতিয়াযে সর্বস্বান্ত হৈ গৈছে ভালদৰে বুজাৰ অৱকাশে পোৱা নাই কেশৱ। ডাঙৰ ল'ৰাটোৰ বিবাহ দিছিল, ৰাজন চাকৰি কৰিছিল, স্কুলত তিয়াাল্লিছ টকাৰ মাষ্টৰি। লৰাজন ঢুকাইছে এক বিশেষ ধৰণৰ বিস্ময়কৰ মেলেৰীয়াত। মেলেৰীয়া জ্বৰ যে এশ ছয় ডিগ্ৰীলৈ উঠে আৰু এভৰি সোণৰ মূল্যত যি সামান্য ঔষধ পোৱা যায় সেয়া যথেষ্ট নোহোৱাৰ কাৰণে যে পাঁচ দিনৰ ভিতৰতে যুৱক লৰা মৰে এনেকুৱা মেলেৰীয়াৰ গুজবহে মাথোন শুনিছিল কেশৱ। দেখা নাছিল। দেখিছিল পুতেকৰ মৃত্যুত।

কেশৱৰ আৰু এজনী ছোৱালীও মৰিছে মেলেৰীয়াত। এই মেলেৰীয়া কেশৱৰ ঘণিষ্ঠ ঘৰোৱা শত্ৰু, ইয়াৰ অস্ত্ৰ কুইনাইনৰ লগত তাৰ পৰিচয় বহু দিনৰ। ছোৱালীজনীৰ অৱস্থা খুবেই যোৱা-থোৱা, কুইনাইন গিলাৰ ক্ষমতা নাছিল, পানীত মিহলাই কুইনাইন দিবলৈ গৈ ময়দাৰ আটা তৈয়াৰ হৈ গ'ল।

সদয় ডাক্তৰে ক'লে- পগলা, এয়া খুব ভাল কুইনাইন। নতুন ধৰণৰ কুইনাইন- খুব এফেক্‌টিভ। নহ'লে দাম ইমান বেছি লওঁ নেকি আপোনাৰ পৰা ?

ছোৱালীজনীৰ মৃত্যুৰ পাছত সদয় ডাক্তৰে খং কৰিছিল। হাকিমৰ ৰায় শুনোৱাৰ দৰে শাসন ভৰা নিন্দাৰ সুৰত কৈছিল- আপোনালোকেই মাৰিলে ছোৱালীজনীক। কুইনাইন? মাথোন কুইনাইনে কেতিয়াবা জ্বৰ ভাল হয় নেকি? পথ্য নালাগে নেকি? পথ্য নিদিয়ে মাৰিলে ছোৱালীজনীক।

শৈলতকৈ সিজনী ছোৱালী সৰু আছিল, মুঠেই ডেৰ বছৰৰ। তাইৰ মুখখন আছিল শৈলতকৈও অধিক ধুনীয়া । আজি তাইৰ বিনিময়তো অন্ন পোৱা গ'লহেঁতেন। কেবা বস্তা অন্ন। নগদ টকা ফাউ।

কিন্তু ইয়াৰ কাৰণে কেশৱৰ মনত কোনো আক্ষেপ নাই। বৰং সি ভাবে ছোৱালীজনী মৰি বাচি গৈছে।

শৈলক কালাচাঁদে কিনিলে।

কালাচাঁদৰ মুখত বৰ মিঠা। খুবেই মধুৰ আৰু পবিত্ৰ তাৰ কথা-বাৰ্ত্তা। তাৰ মুখখন গৌৰবৰ্ণ আৰু শেঁতা। সৰু সৰু চকুত নিস্তেজ নিষ্কাম দৃষ্টি। ৰাৱণৰ অধিকাৰ বজায় থকালৈকে বিভীষণ যি দৃষ্টিৰে মন্দোদৰীক চাইছিল কালাচাঁদ সেই দৃষ্টিৰেই ছোৱালীবোৰক দেখে। এইখিনিৰ বাহিৰে অৱশ্যে বিভীষণৰ লগত কালাচাঁদৰ তুলনা কৰা নচলে। পাঁচ বছৰমান আগত কালাচাঁদৰ ককায়েকৰ কেনেবাকৈ যেন মৃত্যু হৈছে।ককায়েকৰ দুই নম্বৰ পত্নীক স্নেহ কৰাতো দূৰৰে কথা, কালাচাঁদে তাইক জবৰ-ধ্বস্তি এটি বেশ্যালয়ৰ মাহী কৰি দিছে। ঘৰটো কালাচাঁদহঁতৰ পাৰিবাৰিক ঘৰ নহয়। বহু দুৰত বেলেগ ভাড়াঘৰ। ঘৰটোত তেতিয়া দহ বাৰ্জনী ছোৱালী আছিল। তাৰ কাষৰ ঘৰটোও কিছুদিন আগতে কালাচাঁদ ভাড়াত লৈছে। দুটা ঘৰত এতিয়া সোতৰ ওঠৰ জনী ছোৱালী। কালাচাঁদৰ মন্দোদৰী এতিয়া দুটা ঘৰৰে কর্ত্রী। মহিলাজনী কেবা বছৰৰ ভিতৰতে স্থূল হৈ উঠিছে। পেট যথাৰীতি মোটা হৈ উঠিছে। বগা চেমিজৰ ওপৰত ধৰ্ধকীয়া বগা কাপোৰ পিন্ধিলে তাইক সম্ভ্রান্ত বংশীয় দেৱীৰ দৰে দেখায়।

দুর্ভিক্ষ পীড়িত চহৰত ছোৱালীৰ চাহিদা বৃদ্ধি পোৱাত আৰু মফচলত ছোৱালী সস্তা ও সূলভ হোৱাত কালাচাঁদ ইফালে সিফালে ঘূৰি গৈছিল। গাঁৱৰ ঘৰলৈ আহি তাৰ শৈলক পচন্দ হল। শৈল অৱশ্যে তেতিয়া কংকালসাৰ, কিন্তু এই অৱস্থাত আহি উপনীত নহ'লে জানো এনেকুৱা ঘৰৰ ছোৱালী ঢুকি পোৱা যায়! তদুপৰি উপবাসত থাকি কংকালসাৰ হৈছে, কিছুদিন ভালদৰে খাবলৈ দিলে শৰীৰত মঙহ উথলি উঠিব। শৈলক সি আগতেও দেখিছে। ৰূপ তাইৰ স্বাভাৱিক যদিও একো অসুবিধা নহয়। প্রতিদিন সন্ধিয়া ৰূপ সৃষ্টি কৰি দিলেই চলি যাব। প্রথম কিছুদিন বেলেগে তৈয়াৰ কৰি দিয়াৰ পাছত শেষত শৈল নিজেই আয়ত্ব কৰি লব পাৰিব পথচাৰীৰ চকু চাট মাৰি যোৱা ৰূপ সৃষ্টিৰ স্থূল কৌশল।

প্ৰায় কীৰ্তনীয়াৰ মোহন কৰুণ সুৰত আফচোচ্ কৰি কালাচাঁদে ক'লে- আহ্! আপোনাৰ অদৃষ্টত ইমান কষ্ট আছিল চক্ৰৱৰ্ত্তী মহাশয়।

কেশৱ স্তিমিত নিস্তেজ দৃষ্টিৰে চাই থাকে। দৰদৰ স্পৰ্শত চকুত চকুপানী ওলাই আহিব সেয়া কালাচাঁদ আশা কৰা নাই; কিন্তু চকু দুটা চলচলীয়া পর্যন্ত নহল কেশৱৰ। সি সামান্য আশ্চর্য ও ক্ষুব্ধ হল। অথচ এই অভিজ্ঞতা তাৰ নতুন নহয়। কি যেন হৈছে সমগ্ৰ দেশৰ মানুহৰ! সহানুভূতিৰ বন্যাতো তিলমানো সঁহাৰি নাজাগে। আগতে হলে সমবেদনাৰ ভূমিকা কৰা মাত্র এই কেশৱ চক্ৰৱৰ্ত্তী লৰা-ছোৱালীৰ শোকত কান্দি বুকু ভহাই দিলেহেঁতেন, চকুপানী মচি মচি দুৰ্ভাগ্যৰ বৰ্ণণা দিলেহেঁতেন, ব্যাকুল আগ্ৰহত চেষ্টা কৰিলেহেঁতেন সমবেদনাক ফেনিল কৰি তোলাৰ কাৰণে৷ আজি সেইবোৰ জুহালত সোমাইছে।

চহৰৰ ঠিকনাৰপৰা কালাচাঁদ বহু গাঁৱলৈ অহা-যোৱা কৰিছে। বহু বিধ্বস্ত গাঁও প্রত্যক্ষ কৰিছে। কিন্তু গাঁৱত বহি দিনৰ পাছত দিন গাঁও বিধ্বস্ত হোৱা দেখা নাই। নিজে আঘাত পোৱা নাই। সি কেনেকৈ কেশৱৰ নিৰ্বিকাৰ ভাবৰ মানে উপলব্ধি কৰিব পাৰিব!

কালাচাঁদ কিছু চাউল দালি মাছ তৰকাৰি আনিছিল- এবেলাৰ জোখত। এওঁলোকে অৱশ্যে দুই তিনি বেলা চলাই নিব। সেয়া নিয়ক। সি মাথোন জিভাত অকণমান ৰুচি দি, পেট সামান্য শান্ত কৰি এওঁলোকৰ লোভ বঢ়াই তুলিব বিচাৰে৷ বলিয়া কৰি তুলিব বিচাৰে। শৈলৰ কাৰণে সি এখন শাৰীও আনিছে। কাপোৰখন পিন্ধি তাৰ ওচৰলৈ আহিছে শৈলৰ মাক। শৈলৰ পেটীকোটটো এক প্ৰকাৰ ভালেই আছে। চিঙা কাপোৰ পিন্ধিলেও তাইৰ লাজ ঢকা থাকে।

কালাচাঁদে নানা কথা পাতে। আচল কথাও পাতে সুযোগ বুজি।

শৈলক লৈ যাব। চিকিৎসা কৰাব।

হয়, বৰ কষ্ট হয় ছোৱালীজনীৰ অৱস্থা দেখি।

কালাচাঁদৰ নাৰীমেধ আশ্রমিক ব্যৱসায় সম্পর্কে ইকাণ-সিকাণ কৰি কেশৱৰ কাণতো পৰিছিল।

সি অৱৰুদ্ধ আতৰ্কণ্ঠত কলে- ঘৰত ৰাখিবা? শৈলক তোমালোকৰ ঘৰত ৰাখিবা নেকি?

ঘৰত নাৰাখি কত ৰাখিম চক্ৰৱৰ্ত্তী মহাশয় ?

কেশৱ মান্তি হৈ গ'ল। কলে- অকণমান ভাবি চাও। ভগবানে তোমাৰ মংগল কৰক, বোপাঅকণমান ভাবি চাও।

কালাচাঁদে সন্তুষ্ট হৈ কলে- বুধবাৰে আহিম, অলপ ৰাতি হলে আহিম। গাড়ীত সকলো লৈ আহিম। কাৰ মনত কি আছে, বতো নোৱাৰি। চক্ৰৱৰ্ত্তী মহাশয়, আপুনি বৰঞ্চ কব যে শৈল মোমায়েকৰ ঘৰলৈ গৈছে।

কেশৱ চকু মুদি কলে- কোনেও জানিব নিবিচাৰে, বোপা। কাৰো ইমান জানিবলৈ গৰজ নাই। যদিওবা জানে শৈল নাই, ধৰি লব মৰি গৈছে।

শৈলক দেখা গ'ল। ইমানেই ৰুগীয়া যে সামান্য কুঁজা হৈ গৈছে। মনৰ গহন অন্ধকাৰত শৈশৱ উঁকি মৰাত কালাচাঁদ অলপ শিহৰণ অনুভৱ কৰে। সমগ্ৰ দেশত কিমান সস্তা আৰু সহজ হৈ উঠিছে মানুহৰ মৃত্যু। নিৰুপায়, তথাপি ভাবিব লগা হয়। ভাবিবলৈ ক্ষমতা নাই তথাপিও ভাবিব লগা হয়। উদৰৰ ভোঁতা বেদনা কুঁৱলীৰ দৰে কুণ্ডলী পকাই উঠি মূৰৰ ভিতৰত সকলো অস্পষ্ট কৰি দিছে, কি কৰা উচিত। তাৰ উত্তৰ ক, কোনে জানে? ভাবিবলৈ গ'লে মূৰৰ পৰিৱৰ্ত্তে কেশৱৰ শৰীৰটো যেন জিন্‌জিন্‌ কৰে। এইখন গাঁৱৰ ৰাখালৰ ভনীয়েক আৰু দিনেশৰ ছোৱালী এইদৰেই বিক্ৰী হৈছিল। কালাচাঁদৰ ওচৰত নহয়, বেলেগ দুজন মানুহৰ ওচৰত। তথাপিওতো ৰাখাল শেষ পর্যন্ত জীয়াই থাকিবপৰা নাই! ঘৰৰ ভিতৰত মৰি পচি দুৰ্গোন্ধ ওলাইছিল । দিনেশো তাৰ পৰিয়ালৰ জীয়াই থকা সদস্য কেইটাকলৈ ক'লৈ পাৰি দিছে, ঠিকনা নাই।

তদুপৰি সিহঁতৰ কোনেও বামুণ নাছিল। ঠিক কেশৱৰ দৰে ভদ্রও নাছিল। শূদ্র জাতীয় সাধাৰণ গৃহস্থ মানুহ। সিহঁতে যি কৰিব পাৰিছে, কেশৱৰো কি সেয়া কৰা উচিত? বুকুখন ধৰ্ফৰ্ কৰে কেশৱৰ। তাৰ মৃতদেহত নাড়ী সচল হৈ উঠে। তালমৰা কাণত শঙ্খ ঘণ্টা সংস্কৃত শব্দৰ বচন শুনে। চুলকানি ভৰা শৰীৰতো তছৰৰ স্পৰ্শ অনুভৱ কৰে। পচা-মৰাৰ স্মৃতিভ্ৰষ্ট নাকত ফুল চন্দনৰ গোন্ধ পায়। বন্ধ কৰা চকুৰ সন্মুখত বিক্ষিপ্ত ভাবে ভাহি উঠে ৰভাতলি, যজ্ঞাগ্নি, দান-সামগ্ৰী, শাৰী পিন্ধা শৈল, শাৰী শাৰী মানুহৰ সন্মুখত কলপাত। মনে মনে ভাবে, সি শৈলৰ দেউতাক। কচু শাকেৰে ফেনভাত দুটামান খোৱাৰ সময়ত শাৰী শাৰী লোকৰ সন্মুখত শাৰী শাৰী কলপাত, অস্থায়ী চৌকাত সজাই থোৱা ডাঙৰ ডাঙৰ চৰু ক্ৰোহী ভৰা অন্ন ব্যঞ্জনৰ গোন্ধ ও সান্নিধ্যই যেন কেশৱৰ নিশ্বাসক টানি লৈ দ্ৰুত উৰি গুচি যায়। কোন কাৰ দেউতাক সেয়া গ্ৰাহ্য কৰাই টান হৈ পৰে।

শৈলৰ মাক বিনায়, নাকান্দে। কল্‌ল্মটিয়ায় আৰু গুগুণ্ গীতৰ সুৰত বিনায়। শুনিলে ধাৰণা হয়, ঘৰৰ ভিতৰত যেন ভোমোৰা উৰি আছে। শৈলৰ শ্ৰৱণ শক্তি তীক্ষ্ণ কাৰণে তাই কথাবোৰ শুনিবলৈ পায়- তোৰ মৰণ নহয়। আটায়ে মৰে, তোৰ মৰণ নাই। ভাইটোক খালি, ভনীয়েৰক খালি, নিজক খাব নোৱাৰিলি, পোৰামুখী। মৰ, তই মৰ। কলিকতালৈ যোৱাৰ আগতেই মৰ।

শৈলৰ ৰস-টস শুকাই গৈছে। তাইৰ মনত মান-অভিমান, দুখ-কষ্ট একোৰে অনুভূতি নাই। ভোকৰ জ্বালাও যেন নাই তাইৰ পেটত।

কালাচাঁদৰ লগত যতেই হওঁক দুবেলা দুমুঠি পেট পূৰাই খোৱাৰ কথা ভাবিলে তাইৰ মাথোন ঘনঘনকৈ ৰোমাঞ্চ হয়। তাইৰ নাৰী দেহৰ সহজ ধৰ্ম তেজ-মঙহৰ আশ্ৰয় ত্যাগ কৰি শিৰা পাইছেগৈ। খজুৱতি খজুৱাইও সুখ অনুভৱ নকৰে। তেজ ওলালেও ব্যথা নহয়। অথচ পেটমোটা ভায়েকটোৱে কেঁচা মধুৰি আম চোবোৱা দেখিলেও তাইৰ ৰোমাঞ্চ জাগে।

বুধবাৰদিনা ৰাতিপুৱা পৰিস্কাৰ ৰদ উঠি দুপৰীয়া মেঘাচ্ছন্ন হৈ আবেলি আকৌ আকাশ ফৰকাল হৈ উঠিল। দুপৰীয়া সদয় ডাক্তৰৰ নাতিৰ অন্নপ্রাশনত কেশৱ চক্ৰৱৰ্ত্তীৰ ঘৰৰ আটায়েৰে নিমন্ত্ৰণ আছিল। কুঞ্জলাল চাহনাইৱালা তাৰ লগৰীয়া আৰু লৰাটোকলৈ ওচৰ-পাঁজৰৰ কেবটাও গাঁৱত বিয়া অন্নপ্রাশন আদিত চিৰকাল চাহনাই বজাই আহিছে। তাৰ অবর্তমানত সদয় ডাক্তৰে চাহনাইৱালা আনিব লগা হৈছে সদৰৰপৰা। সপৰিবাৰে নিমন্ত্ৰণ ৰক্ষা কৰি কোনোমতে ঘৰলৈ আহি কেশৱ ঢাৰি পাৰি শুই পৰিল। পেট পূৰাই খালে যে মানুহৰ মৰণদশা হয় এয়া সি ওৰেটো জীৱনত প্ৰথম উপলব্ধি কৰিলে। সন্ধিয়ালৈকে সিহঁত এনেকৈ অৰ্ধচেতন অৱস্থাত পৰি থাকিল যেন মাতাল টোপনি গৈছে। বাটত এবাৰ আৰু ঘৰলৈ আহি কেবাবাৰো বমি কৰাৰ পাছত শৈলৰ মাথোন স্বাভাৱিক টোপনি হল। কেশৱৰ পেটত যন্ত্ৰণা আৰম্ভ হোৱাত সি তাইৰ কাষত বহি পেটত মালিচ কৰি দিবলৈ ধৰিলে।

পেটৰ বিষ কমোতে ৰাতি হৈ গ'ল। কেশৱৰ তেতিয়া মানসিক সংস্কাৰবোৰ বেদনাত টন্‌টনাাই আছিল। কালাচাঁদ আহিল বহু পাছত, নিশা তেতিয়া গভীৰ। পাৰাৰ পৰা কিছু আঁতৰত নিৰ্জনত গাড়ী ৰাখি সি এজন মানুহ লগত লৈ আহিছে। মাথোন এই পাৰাই নহয়, সমগ্ৰ গাঁও তেতিয়া নিজম। মাথোন কেশৱৰ ধাৰণা হৈ আছিল, বহু দূৰত সদয় ডাক্তৰৰ ঘৰত যেন তেতিয়াও অস্পষ্ট সুৰত চাহনাই বাজি আছে।

কেশৱে কান্দি কান্দি ক'লে- বোপা কালাচাঁদ।

হয়, কওঁকচোন?

এনেকৈ ছোৱালীজনীক মই কেনেকৈ যাবলৈ দিম। মোৰ বিবাহযোগ্যা ছোৱালী?

এয়াইতো দোষ আপোনালোকৰ। মোক বিশ্বাস হোৱা নাই? কওঁক, তেনেহ'লে কি কৰিব লাগিব? বস্তু বাহানি গাড়ীত আছে। তিনি বস্তা চাউল.........

কেশৱ নিমাত হৈ থাকে। টৰ্চৰ পোহৰ পেলাই কালাচাঁদে এবাৰ কেশৱৰ মুখখন চাই ললে। চকু ছাট মৰা বনৰীয়া পশুৰ চকুৰ দৰে কেশৱৰ লোতক ভৰা চকু তিৰ্বিৰ্ কৰি জ্বলি আছে। চকুত পলক পৰা নাই।

কিছু সময় অপেক্ষা কৰি কালাচাঁদ কলে- সোনকাল কৰাই ভাল। এয়া কাপোৰ-কানি আনিছো, শৈলক পিন্ধিবলৈ কওঁক। বস্তু-বাহানি আনিবলৈ পঠাও চক্ৰৱৰ্ত্তী, মহাশয়?

কেশৱ অস্পষ্ট সুৰত কলে, সন্মতি দিলে, নে নিষেধ কৰিলে বুজা নগল। শৈলৰ মাক আৰু অলপ স্পষ্টভাবে বিনাবলৈ ধৰিলে।

কালাচাঁদে লগৰ মানুহজনক হুকুম দিলে- সিহঁতক লৈ বস্তু-বাহানি সকলোবোৰ লৈ আহগৈ যা। ড্ৰাইভাৰক কবি যেন সি গাড়ীত বহি থাকে।

ঘৰৰ চোতাল লক্ষ্য কৰি কালাচাঁদ টৰ্চটো জ্বলাই ৰাখে। অন্ধকাৰত তাৰ শৰীৰ সিসিৰ্‌ কৰি আছিল। টৰ্চৰ বিচ্ছুৰিত পোহৰে ঘৰটোত ৰংগ-মঞ্চৰ নাটকীয় স্তব্ধতাৰ দৰে থথমীয়া বিকাৰ সৃষ্টি কৰিলে। কেশৱ তলমুৱা হৈ বহি আছে। তাৰ হাতত শৈলৰ কাৰণে অনা ৰঙচঙীয়া শাৰী, পেটীকোট, ব্লাউজ। ঠিক পিছফালে থিয় দি আছে শৈল।

এষাৰ কথা ৰাখা, বোপা। কেশৱৰ সুৰ কিঞ্চিত শান্ত।

কওঁক।

শৈলক তুমি বিবাহ কৰাই লৈ যোৱা।

বিবাহ? আপুনি বলিয়া নেকি?

শৈলৰ হাতত কাপোৰ-কানি দি কেশৱ উঠি গৈ কালাচাঁদৰ হাতত ধৰে। মিনতি কৰি কয- এই বিবাহ সেই বিবাহ নহয়। দহজনৰ সন্মুখত পুৰোহিতে যি বিয়া দিয়ে, সাক্ষী-টাক্ষী থাকে, দৰাৰ দায়িত্ব আইনত সিদ্ধ হয়, সেই বিবাহ নহয়। এয়া মাথোন মোৰ মনৰ শান্তিৰ কাৰণে। মই মাথোন নাৰায়ণ সাক্ষী কৰি শৈলক তোমাৰ হাতত সমৰ্পণ কৰিম। তাৰ পাছত এওঁক দি তুমি যি ইচ্ছা তাকে কৰিবা, সেয়া তোমাৰ ধৰ্ম। মোৰ ধৰ্ম ৰাখা। এইখিনি কৰিবলৈ দিয়া।

ছজন যুৱকৰ মূৰত শৈলৰ মূল্য আহি গ'ল। গাঁও যিমানেই উজাৰ নহওঁক কিয়, অধিক মানুহ লগত নুলোৱাকৈ মাজনিশা গাঁৱৰ এজনী ছোৱালীক নিবলৈ অহাৰ দৰে বুৰ্বক কালাচাঁদ নহয়। অকলে পাই তাক কাটি যদি পুতি থয়!

কেশৱৰ আতিশয্যত কালাচাঁদ বিৰক্ত হৈ ক'লে- যি কৰিব, সোনকালে কৰক।

কালাচাঁদৰ পৰা দিয়াচলাই খুজি লৈ কেশৱ ঘৰৰ একোণত স্থাপিত শিলাৰূপী নাৰায়ণৰ আসনৰ কাষত প্রদীপ জ্বলালে। ঘৰৰ বাহিৰৰ জোনাকলৈ গৈ শৈল নতুন ৰঙীন পেটীকোট, ব্লাউজ, শাৰী পিন্ধি আহিল। প্রদীপত সামান্যই তেল আছিল। নাৰায়ণ সাক্ষী কৰি কেশৱৰ কন্যাদান প্রক্রিয়াত সৰ্বক্ষণ শৈলৰ বাৰে বাৰে মনত পৰিবলৈ ধৰিলে, প্ৰদীপৰ তেলখিনি মালিচ কৰিলে দেউতাকৰ পেটৰ বিষ হয়তো সোনকালে আৰোগ্য হ'লহেঁতেন, তাইৰ দেউতাকে ইমান কষ্ট নকৰিলহেঁতেন পেটৰ বিষত।

নুমাও নুমাও প্ৰদীপৰ পোহৰত কালাচাঁদ আৰু শৈলৰ হাত একলগ কৰি কেশৱ বিৰবিৰ কৰি মন্ত্ৰ উচ্চাৰণ কৰিলে। কালাচাঁদ অস্বস্তি অনুভৱ কৰি তাগিদা দিলে- সোনকাল কৰক।

ঘৰত যে ঠাকুৰ আছে কালাচাঁদে জনা নাছিল। ঠাকুৰ দেৱতাৰ লগত এইদৰে চুপতি ফালামি তাৰ ভাল নালাগে। ভয়ো কৰে। মনটো অভিভূত হৈ থাকিব বিচাৰে। গৃহস্থৰ শান্ত অন্তঃপুৰৰ বেদীত শুকান পাতত অধিষ্ঠিত দেৱতা, সদ্ৰাহ্মণৰ মন্ত্রোচ্চাৰণ, মফচলৰ নিৰ্জন প্ৰান্তৰৰ পুঞ্জীকৃত মাজনিশাৰ নিজস্ব ভীতিকৰ ৰহস্যই তাক দুৰ্বল কৰিব বিচাৰে। মনে মনে নিজকে গালি দি সি ভাবে যে, বুঢ়াৰ এই বলিয়ালিত সন্মত নোহোৱাটোৱে উচিত আছিল।

প্ৰদীপটো নুমাই যোৱাৰ লগে লগে কালাচাঁদ হাত গোটাই আনিলে। তাৰ হাতত শৈলৰ হাত তিতি উঠিছিল। কালাচাঁদৰ শৰীৰো ঘামি উঠিছিল। ৰুমালেৰে ঘাম মচি শৈলৰ হাত টানকৈ খামোচ মাৰি ধৰি টানোঁতে টানোঁতে বাহিৰলৈ লৈ আহিল কালাচাঁদ। নিজেও বিদায় নল'লে আৰু শৈলকো বিদায় লবলৈ নিদিলে। দোকানিৰ ওচৰৰপৰা কোনো ক্রেতা বা কোনো বস্তুই বিদায় নলয় বুলি নহয়, আচলতে কালাচাঁদৰ ভাল লগা নাছিল। শৈলও অবাক হৈ গৈছিল।

শেৱালি আৰু জবাফুল গছৰ মাজেৰে আহি ঘৰৰ সন্মুখৰ কেঁচা বাটত ভৰি থোৱাৰ পাছত শৈলৰ সেই ভাব কাটি গল। তাই কালাচাঁদৰ হাত টানি ধৰি ক'লে- মই নাযাওঁ।

কেইবাৰমান হাত টানি ধৰি নাযাওবুলি কোৱাৰ পাছত উচ্চকণ্ঠত কান্দি পেলোৱাৰ উপক্ৰম কৰাত তাইৰে শাড়ীৰ আঁচল মুখত গুজি দি কালাচাঁদে তাইক দাংকোলা কৰি তুলি ললে। শৈলৰ দুৰ্বল পাতল ৰুগীয়া শৰীৰত কেইটামান মুহূৰ্তৰ কাৰণে অদ্ভুত ধৰণৰ বল আহিল। ক্রমান্বয়ে কেইবাৰমান হাত-ভৰি জোকাৰাৰ পাছত তাই ধনুৰ দৰে বেঁকা হৈ যাবলৈ ধৰিলে। মুখত গোঁজা আঁচল খহি গলেও দাঁতত দাঁত চেপি ধৰি তাই গোঁ গোঁ শব্দ কৰিবলৈ ধৰিলে। তাৰ পাছত হঠাৎ শিথিল নিস্পন্দ হৈ গ'ল।

সকলো শুনি কালাচাঁদৰ মন্দোদৰীয়ে খং কৰি ক'লে- কি দৰ্কাৰ আছিল ইমান হাংগামাৰ? আৰু বেলেগ ছোৱালী নাই নেকি এই পৃথিবীত?

এক ধৰণৰ জেদ চেপি বহিছিল।

জেদ চেপি বহিছিল?

সঁচাই? সাঁচকৈয়ে জেদ চেপি বহিছিল।

এই ভোটা নাকী, লা হাড়গিলাক দেখি জেদ চেপি বহিল?

ধেত্তেৰি, সেই জেদ নেকি?

কিন্তু মন্দোদৰীৰ সন্দেহ দূৰ নহল। পুৰুষ মানুহৰ পছন্দক তাই বহুকাল আগতেই নমস্কাৰ জনাইছে। লেকামহীন উদ্ভট সেই বস্তু। শৈলৰ কাৰণে কালাচাঁদৰ মূৰ কামোৰণি, আদৰ-যত্ন ও বিশেষ ব্যৱস্থাৰ আড়ম্বৰে সন্দেহটো দিনে দিনে ঘণীভূত হৈ আহিবলৈ ধৰিলে। বগা থান কাপোৰ আৰু পেটিকোট পিন্ধা ভদ্রঘৰৰ দেৱীৰ দৰে যি মন্দোদৰী, তাইৰ চকুতো দেখা দিলে কূটিল ক'লা চাৱনি।

শৈলক দেখিবলৈ ডাক্তাৰ আহে। তাইৰ কাৰণে পাতল দামী ও পুষ্টিকৰ পথ্য আহে। বেলেগ ছোৱালীক তাইৰ ওচৰলৈ যাবলৈ দিয়া নহয়। কালাচাঁদ তাইৰ লগত বহু সময় পাৰ কৰে।

এদিন বিষয়টো বহুখিনি স্পষ্ট হৈ গ'ল।

শৈলৰ চেহেৰা তেতিয়া বহুখিনি উন্নত হৈছে।

এওঁক ঘৰলৈ লৈ যোৱাৰ কথা ভাবিছিলো।

কিয়?

মনটো খুঁত খুঁত কৰি আছে। কবলৈ গ'লে এওঁ মোৰ বিবাহিতা স্ত্রী। ঠাকুৰৰ সন্মুখত মন্ত্ৰ পঢ়ি এওঁৰ দেউতাকে মোৰ লগত বিবাহ দিছে। মই ক'ব খুজিছো, এওঁক মই ঘৰলৈ লৈ যাওঁ। একোণত পৰি থাকিব দাসী চাকৰণীৰ দৰে।

দুজনৰ মাজত প্ৰচণ্ড কলহ হৈ গ'ল। বাস্তৱ, অশ্লীল, কুৎসিত কলহ। কালাচাঁদ খং কৰি এটা মদৰ বটল হাতত লৈ শৈলৰ কোঠালি লৈ গৈ দুৱাৰ বন্ধ কৰি দিলে।

পাছদিনা দুপৰীয়া সি আকৌ শৈলৰ কোঠালিলৈ যোৱাৰ উপক্ৰম কৰিলে।

ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে মন্দোদৰীয়ে তাক নিজৰ কোঠালিলৈ টানি লৈ গ'ল।

শৈলৰ ঘৰত মানুহ আছে।

কালাচাঁদৰ মূৰত জুই জ্বলিল। ধাৰণা হ, মন্দোদৰীক সি যেন খুন কৰি পেলাব।

মানুহ আছে? মোৰ বিয়া কৰোৱা স্ত্ৰীৰ ঘৰত...........

মন্দোদৰীয়ে নিঃশব্দে এজাপ নোট বাহিৰ কৰি কালাচাঁদৰ সন্মুখত ধৰিলে। সামান্য ইতস্ততঃ কৰি নোটবোৰ হাততলৈ কালাচাঁদ গণিবলৈ আৰম্ভ কৰিলে। নোট গণণা শেষ হোৱাৰ পাছত তাৰ ধাৰণা হ, সি যেন মন্ত্র বলত ঠাণ্ডা, কৃতজ্ঞ ও কৃতাৰ্থ হৈ উঠিছে।

মানুহজন কোন?

সেই গাজন। যিজন চাউল বিক্ৰী কৰি ৰঙা হৈ উঠিছে।

(জনসাধাৰণত প্ৰকাশিত)

 

                   বিবাহৰ বিজ্ঞাপন

স্বামীৰ অনন্য সাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় মহেশ্বৰী দেৱীয়ে আগতেও বহুবাৰ পাইছে। তাৰবাবে মুখত যিয়েই নকওঁক কিয়, মনে মনে তাই সদায় সমীহ কৰে স্বামীক; এইবাৰ এই ক্ষেত্ৰত তাই যি বুদ্ধিমত্তাৰ পৰিচয় পালে, তাৰ বোধকৰোঁ কোনো তুলনা নাই। তাইৰ ইচ্ছা গ, মূৰ দোঁৱাই তেতিয়াই অন্ততঃ এটিবাৰৰ কাৰণে ভৰিৰ ধূলি লবলৈ। সি যিয়ে নহওঁক, বহুদিনৰ অনভ্যাসৰ ফলত লজ্জা লংঘন কৰিবলৈ সময়

লাগিল মহেশ্বৰীৰ- তদুপৰি চাকৰ-চাকৰাণীসকল চাৰিওফালে ঘূৰি ফুৰিছে, হঠাৎ সিহঁতে দেখিলে কি বুলি ভাবিব! এই ভয়ৰ কাৰণেও তাই কিছু নিবৃত্ত হল।

এই প্ৰশংসাৰ মাজত তাইৰো কিছু প্রাপ্য আছে অৱশ্যে। স্বামীৰ প্ৰশংসাৰ মাজত তাইৰো আত্মতৃপ্তিৰ প্ৰশ্ন জড়িত হৈ আছে- কাৰণ বিজ্ঞাপনটো তায়ে প্রথমে দেখিছিল।

শাণ্ডিল্য গোত্ৰৰ সৰ্ব গুণত গুণান্বিতা, যথাযোগ্য গৌৰবৰ্ণা, সুন্দৰী বি, এ পাছ, সংগীতত পাৰদৰ্শিনী, ৰন্ধা-বঢ়াত বিশেষ চার্টিফিকেট প্ৰাপ্তা, সঁচা অৰ্থত গৃহকৰ্মত নিপুণা আৰু নম্ৰ ভাৱা কইনাৰ কাৰণে নূন্যতম এম, এ পাছ দৰাৰ আৱশ্যক। কইনা উচ্চপদস্থ চাকৰিয়ালৰ একমাত্র কন্যা। বিয়াত দহ হাজাৰ টকালৈকে খৰচ কৰা হব। কইনাৰ কলিকতাত নিজস্ব ঘৰ-দুৱাৰ আছে।

একেবাৰে শেষত ঠিকনা দিয়া আছে কইনাৰ মোমায়েকৰ। তেৱোঁ এওঁৰ বিশেষ পৰিচিত। বিয়াগোম আৰক্ষী বিষয়া, বহুদিনৰ পৰিচয়। এই বিজ্ঞাপন তাই বিচাৰি উলিয়াই এওঁক নেদেখুৱালে কোনোদিনেই চকুত নপৰিলহেঁতেন। তথাপিও এই ক্ষেত্ৰত যে ইমান উপস্থিত বুদ্ধি আৰু দুৰদৃষ্টিৰ পৰিচয় দি আহিছে সেয়া প্ৰশংসাৰ যোগ্য অৱশ্যেই। প্রশংসাও কৰিলে মনে মনে, বাৰে বাৰে।

মুখত বাৰে বাৰে কবলৈ ধৰিলে- বেচ কৰিছা, খুউব ভাল কৰিছা। এইটো এটা কামৰ কাম কৰি আহিছা। সঁচাকৈয়ে এতিয়াই নোহোৱা লে, সন্মুখত যেহেতু তিনিমাহ বিয়া নাই- ইমানদিন পেলাই ৰাখিবলৈ মোৰ সাহস নহ'লহেঁতেন। সেয়ে ভালে ভালে সাতটা দিন পাৰ হলে ৰক্ষা পৰোঁ। লৰাই যে কি কৰিব- শেষত গৈ কেলেংকাৰী যদি কৰি বহে! তেতিয়া বিপদ যি হ'বৰ সেয়াতো হবই, লগতে তোমাৰ মুখো পুৰিব। কালি হেনো নৰেণৰ ওচৰত কৈছে বাবুই- তেওঁলোকৰ মুখলৈ চাই বহুত সহ্য কৰিছোঁ, এতিয়া যদি পাহৰিবলৈ অকনমান সময়ো নিদিয়ে, তেনেহ'লে ভাল নহব। তেওঁলোকক জনাই দিবা। আজীৱন অনুশোচনা কৰিব লাগিব তেওঁলোকে। উঃ ! কি কুক্ষণত যে এইখন ঘৰ থাকোঁতে সেইখন ঘৰত গৈ উঠিছিলোঁ ! বালিগঞ্জৰ আকাংক্ষা গুচি গৈছে মোৰ চিৰদিনৰ কাৰণে।

হেঃ হেঃ ! অৱসৰপ্ৰাপ্ত পুলিচ ছুপাৰ অৱনী ঘোষালে এটি উচ্চাংগৰ হাঁহি মাৰি ক'লে-বুজিলা মিছেছ ঘোষাল, মাথোন মুখ চায়ে চৰকাৰে মোৰ প্ৰমোচন দিয়া নাছিল। এল, চি হৈ সুমাইছিলোঁ, সেয়া পাহৰি নাযাবা। ৰায়বাহাদুৰ খিতাপটোও এনেয়ে দিয়া নাই। শুনা, মোতকৈ ডাঙৰ পুলিচ বিষয়াওতো বহুত আছিল, কিয় তেওঁলোককতো খিতাপ দিয়া নাই চাহাবসকলে!.... স্বাধীনতাটো আৰু দুটামান বছৰ পাছত আহিলে, বিচাৰিলে এজন এম, বি, ইও হৈ যাব পাৰিলোহেঁতেন। আচলতে মই মানুহ চিনিব পাৰোঁ। মানুহ নিচিনিলে পুলিচৰ কাম কৰিব পৰা নাযায়। এইসকল যুৱক বাবুসকলৰ প্ৰেম পাহৰিবলৈ কিমান সময় লাগে সেয়া মোৰ জনা আছে। মই এনেয়ে পেলাই থৈ আহিছোঁ নেকি? তৈয়াৰ হৈয়ে আহিছোঁ। ভাল এটি ফটোও আনিছোঁ লগত, কইনাতো সুন্দৰীয়েই, ফটোখন যেন আৰু ধুনীয়া হৈ উঠিছে। কৌশল কৰি ফটোখন বাবুৰ মেজৰ ওপৰত পেলাই থৈ আহাচোন, তাৰ পাছত চাওঁ, কিমান দিনত শোক পাহৰে বাপধনে!

হাঃ হাঃকৈ হাঁহি মাৰিলে বাহাদুৰ অৱনী ঘোষালে। আৰু মহেশ্বৰীৰ গোল গোল চকুযোৰ শ্ৰদ্ধা বিস্ময় কৌতূহলত আৰু ডাঙৰ হৈ উঠিল। তাই ক'লে- কইনাৰ ফটো আনিছা? তা, মোক দেখোন কোৱা নাই কথাটো !

কোৱাৰ সময় পালো ক, অহাৰ পাছৰে পৰা দেখোন বলকিয়ে আছোঁ। নিজৰপৰা ভাবি-চিন্তি কথা কোৱাৰ বাবে সময় দিছা জানো! এয়া লোৱা.... ফটোখন পকেটতে আছিল, উলিয়াই স্ত্ৰীৰ হাতত দিলে অৱনী বাবুই।

সাগ্রহে হাত বঢ়াই ফটোখন ললে মহেশ্বৰীয়ে, কিন্তু ফটোখনৰ ফালে চায়ে তাইৰ এক ধৰণৰ আচৰিত ভাবান্তৰ হযেন হাতৰ আঙুলিকেইটাত বিছাই কামোৰ মাৰিলে, এনেকুৱা এক ভাবত তাই পেলাই দিলে ফটোখন। শেষত বিৰক্তি বিদ্বেষত তেজবৰ্ণ ধাৰণ কৰিলে তাইৰ মুখমণ্ডল। বহু সময় মুখৰপৰা এটি শব্দও নোলাল। স্তম্ভিত ৰুদ্ধৰোষত স্বামীৰ ফালে চাই থাকিল মাথোন। তাৰ পাছত দাঁত কৰচি চোবাই চোবাই অতি কষ্টেৰে উচ্চাৰণ কৰিলে- তুমি এইজনী ছোৱালী চাই পছন্দ কৰি আহিলা! একেবাৰে পকা কথা দি আশীর্বাদ কৰি আহিলা? এইজনী ছোৱালীক !!

কিছুসময় আগতেই মানুহ চিনে বুলি অৱনী ঘোষালে গর্ব কৰিছে; কিন্তু নিজৰ স্ত্ৰীকেই যে চিনিবলৈ বাকী আছে এই কথা তেওঁ এতিয়াহে উপলব্ধি কৰিব পাৰিলে- বাহাত্তৰেও ধৰা নাই তেওঁৰ যে সুন্দৰী ছোৱালী দেখিলে বুজিব নোৱাৰিব অথবা কুৎসিত ছোৱালীক সুন্দৰী বুলি ভুল কৰিব! ছোৱালীজনী খুবেই সুশ্রী তাত সন্দেহ নাই। ফটোখন সন্মুখতেই পৰি আছে। আকৌ এবাৰ ভালদৰে নিৰীক্ষণ কৰিলে অৱনী বাবুই ফটোখন- নাই নাই, তেওঁৰ ভুল হোৱা নাই, পছন্দ কৰাৰ দৰেই ছোৱালী। বয়স থাকিলে তেওঁ এতিয়াও সিহঁতৰ ঘৰৰ সন্মুখেদি ঘূৰা-ঘূৰি কৰিব পাৰিলেহেঁতেনএনেকুৱা ছোৱালীৰ ফটো দেখি মহেশ্বৰীয়ে তেনেহ'লে এনেকুৱা কৰিছে কিয়?

হায়, মোৰ পোৰা কপাল! ডিঙিত চিপ লৈ নমৰিলে দেখিছোঁ জীৱনত শান্তি নহব! মহেশ্বৰীয়ে দীর্ঘশ্বাসৰ সৈতে কথাকেইটা কৈ কপালত চাপৰ মাৰিলে।

কিয়, কি হ, তাকে কোৱচোন ? এইবাৰ বিৰক্ত হৈ উঠিল অৱনী বাবু। তিৰোতা মানুহৰ স্বভাৱেই এনেকুৱা মাইকী ঘোঁৰাৰ দৰেকঠিন হাতেৰে লেকাম টানি নধৰিলে লম্‌ফ জম্‌ফ কৰে অকাৰণে। তেওঁ ভ্রূকুটি কৰি ক'লে- এইজনী ছোৱালী সুন্দৰী নহয়? এওঁতকৈও সুন্দৰী ছোৱালী তুমি বঙালীৰ ঘৰত আশা কৰা নেকি? তেনেহ'লে আৰু এই দেশত কইনা নাপাবাকাশ্মীৰ, কাবুললৈ যাব লাগিব।

খুউব সুন্দৰী! আশ্চর্য সুন্দৰী! বহু তপস্যাৰ পাছত এনেকুৱা ছোৱালী পোৱা যায়! হলনে এতিয়া.... সকলো কথাই মানি লৈছোঁ। বাপেক-পুতেক দুয়ো দগা-পাল্লাৰ ওজনত জোখা যে! নহবনো কিয় ? তোমাৰ পছন্দ হুবহু পুতেকৰ লগত মিলি গৈছে। ভালেইতো এইজনী ছোৱালীকেই যদি ঘৰলৈ আনিবা, তেনেহ'লে ইমান কাণ্ড কৰিলা কিয়? ইমান ধপচালি, লোক দলাদলি...... পুতেকৰ লগত জঁপিয়া-জঁপি কৰাৰ কি দৰ্কাৰ আছিল। এইজনীতো ফুচু!

এইবাৰ বিস্ময়ত নির্বাক আৰু স্তম্ভিত হোৱাৰ পাল অৱনী বাবুৰ। বাস্তৱত মাটি ফুটি বাঘ উঠি আহিলেও হয়তো অৱনী বাবু ইমান চমকি নুঠিলহেঁতেন।

এইজনী ফুচু ! তাৰ মানে এই ছোৱালীজনী ফুচু! কয় কি মহেশ্বৰীয়ে!

নাই নাই, এইজনী ফুচু কেনেকৈ হ'? তুমি ভুল কৰিছা-- এওঁলোক পাটনাত থাকে, ফুচুহঁত কাকুলিয়াত আমাৰ চুবুৰীয়া আছিল পাটনাততো এওঁলোকৰ নিজা ঘৰ-দুৱাৰ আছে!

হয় হয়, সেয়া মই জানো, কিন্তু তাতে কি হ'? আমাৰতো কাকুলিয়াত নিজা ঘৰ-দুৱাৰ আছিল। আমি গুচি আহিলোঁ কিয়? মইতো এনেয়ে অহা নাই নহয়, পাৰাৰ ঘৰে ঘৰে এইজনী গুণধৰ ছোৱালীৰ সকলো কীৰ্তি ব্যক্ত কৰি দি অহাৰ পাছতহে আহিছোঁ। ইয়াৰ পাছতো আৰু সিহঁতে সেই পাৰাত থাকি ছোৱালীৰ বিয়া দিব পাৰিলেহেঁতেন নে? আমি গুচি আহিলোঁ, সিহঁত তাৰ আঠ দহ দিনমান পাছত তাৰ পৰা উঠি গৈছে। কলৈ গৈছে সেয়া জানিব পৰা নাছিলোঁ অৱশ্যে, শুনিছিলোঁ, দ্বাৰিকা বাবু বাহিৰৰ ক'ৰবালৈ বদলি হৈ গৈছে, তেওঁ তাতে মেছত থাকে। বেলা ছোৱালীজনীক লৈ মাক-দেউতাকহঁতৰ ঘৰলৈ গৈছে। হয়তো পাটনাতেই থাকে তাইৰ মাক-দেউতাকহঁতৰ ঘৰত—পশ্চিমৰ ফালে ক'ৰবাত থকাৰ কথা শুনিছিলোঁ, এতিয়া মনত পৰিছে।

অৱনী বাবু আৰু কিছু সময় স্তম্ভিতভাবে থাকি গাৰোত ভেজা দি বহি কলে- এতিয়া কি কৰিবা? মই ইমান কথা কেনেকৈ জানিম কোৱাচোন- মই ফুচুক তেতিয়া দেখাই নাছিলোঁ।

তাতেই মহেশ্বৰীয়ে এটা ডাঙৰ ভুল কৰিছিল। তেওঁ কেনেকৈ জানিব যে, বিজ্ঞানত বৰ্ণিতা সৰ্বগুণত গুণান্বিতা, ইমান ডাঙৰ বংশৰ সুন্দৰী ছোৱালী, যাৰ দেউতাকে বিয়াত দহ হাজাৰ টকালৈকে খৰচ কৰিবলৈ প্ৰস্তুত-- তাই শেষত গৈ দ্বাৰিকা বড়ুয্যৰ ছোৱালী তপতী বা ফুচু হৈ যাব!

অৱনী বাবু যিমান দিন চাকৰি কৰিছে সিমান দিন চৰকাৰী কোৱাৰ্টাৰতে বাস কৰিছে- কতো স্থায়ীভাবে বসবাস কৰাৰ প্ৰশ্ন উঠা নাছিল । কিন্তু চৰায়ে যেনেকৈ সন্ধিয়াৰ নীড় দিন থাকোঁতেই ৰচনা কৰি ৰাখে, তেৱোঁ তেনেকৈ ভৱিষ্যতৰ কাৰণে দুটা ঘৰ কিনি ৰাখিছিল চাকৰি কৰা অৱস্থাতে। এটা বালিগঞ্জৰ কাকুলিয়া ৰোডৰ অসংখ্য নতুন শাখা-প্রশাখাৰ মাজত আৰু এটা মধ্য কলিকতাৰ সীতাৰাম দত্ত ষ্ট্ৰীটত। দুয়োটা ঘৰতেই ভাৰাতীয়া আছিল অৱশ্যে, কিন্তু তাত আৰক্ষী বিষয়াৰ অসুবিধা হোৱাৰ কথা নহয়- হোৱাও নাই। অৱসৰ গ্ৰহণৰ পাছত গৃহিণী আৰু পুতেকৰ ইচ্ছানুসাৰে তেওঁ বালিগঞ্জৰ ঘৰটোৱে খালী কৰাই তাত গৈ উঠিছিল। তাতেই দ্বাৰিকা বাবুৰ লগত তেওঁলোকৰ পৰিচয়। দ্বাৰিকা বাবু ইম্পেৰিয়াল বেংকৰ সামান্য উচ্চপদস্থ কৰ্মচাৰী। তপতী বা ফুচু তেওঁৰে ছোৱালী।

তেওঁলোকৰ মাজত পৰিচয় থকা বুলি ক'লে ভুল কোৱা হব। অৱনী বাবু চুবুৰীৰ তেনেকৈ মিলা-মিচা নকৰিছিল- অর্থাৎ মিলিব নোৱাৰিছিল৷ পৰিচয় হৈছিল দ্বাৰিকা বাবুৰ স্ত্ৰী বেলাৰাণীৰ লগত মহেশ্বৰীৰ আৰু পুতেক তপনৰ লগত তপতীৰ। শেষৰটো অৱশ্যে বহুদিনলৈকে জানিব পৰা নাছিল তেওঁলোকে।

তপন তেতিয়া এম, এ পাছ কৰি আইন পঢ়ি আছিল আৰু নামকৰা উকিল অৱনী বাবুৰ ভগ্নীপতিৰ ওচৰত ইনকাম টেক্সৰ ওপৰও শিক্ষানবীশী কৰি আছিল। তাৰ ভৱিষ্যত উজ্জ্বল। পুতেকক কোনো ডাঙৰ উকিল নাইবা ইনকামটেক্স কমিচনাৰ জাতীয় কাৰোবাৰ ছোৱালীৰ লগত বৈবাহিক সূত্রে বন্ধন কৰি পুতেকৰ উজ্জ্বল ভৱিষ্যতক অধিক ভাস্বৰ কৰি তুলিবলৈ অৱনী বাবুৰ ইচ্ছা আছিল। হঠাৎ এদিন শুনিলে যে, তেওঁৰ বংশ গৌৰৱ পুত্ৰ বেংক কৰ্মচাৰীৰ সাধাৰণ বি, এ পাছ শ্ৰীমতী ফুচুৰ প্ৰেমত ঢোকাঢোকে পানী খাই আছে।

ঘটনাটো আৱিস্কাৰ কৰিছিল মহেশ্বৰীয়ে। তাই এই বিষয়ে কাজিয়া-পেচাল, কন্দা-কটা বহু কৰিছিল, বেলাৰানীৰ লগত মুখ দেখা- দেখিও বন্ধ কৰি দিছিল, কিন্তু তাৰ পাছতো যেতিয়া তপনৰ সেই ছোৱালীজনীৰ প্ৰতি আসক্তি কমাৰ কোনো লক্ষণ নেদেখিলে, তেতিয়া অৱনী বাবুই সমগ্ৰ শক্তি প্রয়োগ কৰি ঘৰৰ ভাৰতীয়াসকলক কিছু নগদ ঘোচ দি ঘৰ খালী কৰাই এইখন ঘৰলৈ উঠি আহিছিল।

মহেশ্বৰীয়ে ফুচুক চিনিছিল। তাই সিহঁতৰ ঘৰলৈ প্ৰায়ে অহা-যোৱা কৰিছিল। কিন্তু অৱনী বাবুৰ তাইৰ ফালে চোৱাৰ বিশেষ অৱসৰ হোৱা নাছিল অথবা প্রয়োজনবোধ কৰা নাছিল। ফুচু সমন্ধে তেওঁৰ প্ৰধান আপত্তি আছিল যে, তাইৰ দেউতাকৰদ্বাৰা পুতেকৰ কোনো ধৰণৰ উন্নতিৰ সম্ভাৱনা নাই। ব্যক্তিগত কোনো বিদ্বেষেই নাছিল ছোৱালীজনী বা তাইৰ দেউতাকৰ প্ৰতি। তাৰবাবেও হয়তো কোনো কৌতূহলবোধ কৰা নাছিল তেওঁ।

মহেশ্বৰীৰ ব্যক্তিগত বিদ্বেষেই বেছি। তাইৰ বিশ্বাস, মাক-দেউতাক আৰু ছোৱালীজনীয়ে ষড়যন্ত্র কৰি তাইৰ সোণৰ টুকুৰা পুতেকক হাত কৰিবলৈ চেষ্টা কৰিছে। পুতেকে তাইৰ পছন্দ কৰা ছোৱালীৰ কাৰণে অপেক্ষা নকৰি নিজেই সেই বাটত আগবাঢ়িছিল, ইয়াকো তাই ব্যক্তিগত অপমান বুলি ধাৰণা কৰিছিল। সিহঁত সাংঘাতিক- সিহঁতৰ সংস্পৰ্শও বিষাক্ত। তাই ইমান দূৰলৈ আহিও এই বিষয়ে নিশ্চিন্ত হ পৰা নাইসেয়ে অনতিপলমে পুতেকৰ বিয়াখন পতাৰ বাবে উঠি-পৰি লাগিছে। জনা-শুনা যিমানবোৰ বাতৰি কাকত আছে, সেইবোৰত বিজ্ঞাপন দিয়া হৈছে আৰু যিবোৰ কাকতত পাত্ৰীৰ বিজ্ঞাপন প্ৰকাশ কৰা হয় সেইবোৰো পঢ়িবলৈ আৰম্ভ কৰিছে। এইটো বিজ্ঞাপন তাইৰে চকুত পৰিছিল প্রথম, তাই আঁচ টানি অৱনী বাবুক পঢ়িবলৈ দিছিল। আঃ! তেতিয়া জানিছিল নেকি যে, এনেকুৱা লোভনীয় বিজ্ঞাপনৰ অন্তৰালত এনেকুৱা সৰ্বনাশ খাপ পাতি ৰৈ আছে!

অৱনী বাবুৰো অৱশ্যে বিজ্ঞপনটো পঢ়ি ভাল বুলিয়ে ধাৰণা হৈছিল। মোমায়েকৰ নামত বিজ্ঞাপন। পাটনাত বিয়াগোম আৰক্ষী বিষয়া। উচ্চবংশৰ সন্তান, বিহাৰত বিস্তৰ সম্পত্তি। অৱনী বাবুৰ পৰিচিত। তেওঁৰে ভাগিনীয়েক ছোৱালী। গ্রেজুৱেট ছোৱালী, গৃহকর্মত নিপুণা, সংগীতত পাৰদৰ্শিনী, প্রকৃত গৌৰবৰ্ণা আৰু সুন্দৰী- সকলো ফালৰপৰা বাঞ্ছনীয় বুলিয়ে ধাৰণা হৈছিল কইনা। ইফালে শাওণ মাহৰ মাথোন বাৰটা দিন বাকী, সেয়ে ছোৱালীজনীক চাই খুবেই পছন্দ হৈছিল তেওঁৰ। কুলশীল বংশ- সকলো ফালৰপৰাই মিলি গৈছে। টকা-পইচাও খৰচ কৰিব। কইনাৰ দেউতাকে ভাল চাকৰি কৰে। বিদেশত থাকে; কিন্তু কলিকতাত নিজস্ব সম্পত্তি আছে, এজনীয়ে মাথোন ছোৱালী। যথাসর্বস্ব ছোৱালীয়ে পাব। সেয়ে তেওঁ পলম কৰা নাই, মনস্থিৰ কৰি অলংকাৰৰ অভাৱত এশ টকীয়া দুখন নোট দি আশীৰ্বাদ কৰি গুচি আহিছে। ইমান অনায়াসে সকলো ফালৰপৰা এনেকুৱা বঞ্ছিত কইনা পোৱাত দৈৱৰ যোগাযোগ বুলিয়ে ধাৰণা হৈছিল তেওঁৰ। পুতেকৰ উন্নতিত সহায়ক নহওঁক- বেলেগ ফালৰ পৰাতো কম লাভবান হোৱা নাই!

সকলো জানি-শুনি মহেশ্বৰীৰো ভাল লাগিছিল। যতেই নহওঁক কিয়, সোনকালে কিবা এটা হৈ যাওঁক এয়াই বিচাৰিছিল তাই- তাৰ লগত ইমান সুবিধা পাব বুলি সপোনতো তাই ভবা নাছিল। তাই ইতিমধ্যে মা কালীক সোণৰ বেলপাত দি পূজা আৰু সত্যনাৰায়ণ লৈ ভোগ আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত লৈ পেলাইছে ভালে ভালে চাৰিহাত এক হোৱাৰ কাৰণে-ইয়াৰ মাজতে এয়া কেনে বিপত্তি, এয়া কেনে কাণ্ড ঘটি গ'ল!

অৱনী বাবু বিব্রতভাবে মনে মনে থাকিল। ছোৱালীৰ মোমায়েক প্ৰভাৱ প্ৰতিপত্তিশালী মানুহ, তেওঁক এনেকৈ অপমান কৰাটো নিশ্চয় ঠিক নহব। বিশেষকৈ তেওঁৰ সহায়ত পুতেকে পাটনাত এটি ভাল চাকৰি পাব, এনেকুৱা সম্ভাৱনাও দেখা দিছে। বর্তমান দুই বছৰৰ কন্ট্রাক্ট, পাছত আৰু এবছৰ দুবছৰ বাঢ়িব পাৰে। বিয়া ভাঙি দিলে সেই সম্ভাৱনা নিশাৰ সপোনৰ দৰে অদৃশ্য যাব।

নাই নাই, এইটো কোনো কামৰ কথা নহয়।

তদুপৰি ছোৱালীজনীক খুবেই ভাল লাগিছে তেওঁৰ। দেখাৰ লগে লগে মাবুলি মাতিবলৈ ইচ্ছা গৈছিল। ধাৰণা হৈছিল, নিজৰ ছোৱালী নোহোৱাৰ কাৰণে তেওঁৰ মনত যি দীৰ্ঘদিনৰ ক্ষোভ আছে- সেই ক্ষোভ তাইক দিয়ে পূৰ্ণ কৰিব। ছোৱালীজনীয়ে তেওঁৰ কন্যাৰ স্থান অধিকাৰ কৰিব। তিৰোতা মানুহৰ সামান্য এটি জেদৰ কাৰণে তেওঁ ইমানবোৰ সুবিধাৰপৰা হাত ধুব নেকি!

তেতিয়াৰ কাৰণে তেওঁ মনে মনে থাকিল। সেই মৌনতাক সন্মতিৰ লক্ষণ বুলি ধৰি লব পালিহেঁতেন মহেশ্বৰীয়ে, যদি তায়ো কিছু পৰিমাণে মানুহ চিনিলহেঁতেন। এই মৌনতা প্রতিবাদৰে লক্ষণ বুলি ধাৰণা হল তাইৰ। তাই ওৰেটো দিন খং খৰি কটালে, ঘন ঘনকৈ দীর্ঘনিশ্বাস পেলালে, কান্দিলেও তিনিবাৰ্মান আৰু গিৰিয়েকক শুনাই শুনাই বিলাপো কৰিলে। অৱশেষত অশান্তি অসহ্য হোৱাত অৱনী বাবুই প্রতিশ্রুতি দিবলৈ বাধ্য হল যে, এই বিবাহ তেওঁ ভাঙিয়ে দিব। অৱশ্যে ইয়াত যে তেওঁৰ লোকচান হব সেয়াও শুনাই দিলে তাৰ লগত। পেনচনৰ টকাৰ উপৰিও মাহিলি বাৰ্শ টকা আয় হবলৈ গৈ আছিল চাৰি বছৰৰ কাৰণে, সেয়া আৰু নহব। আৰু এই লোকচানটো ব মাথোন স্ত্ৰীৰ অকাৰণ জেদৰ কাৰণে।

মোৰ অকাৰণ জেদ! তেনেহ'লে ইমান কাণ্ড কৰিলা কিয়? ফোঁচকৈ উঠিল মহেশ্বৰী।

মই কি কৰিলোঁ? যি কৰিবৰ সেয়াতো তুমিয়ে কৰিলা। মইতো ইয়াৰ আগতে সিহঁতক চকুৰে দেখা পর্যন্ত নাছিলোঁ।

স্বামীৰ কথা-বাৰ্ত্তাত যেন স্তম্ভিত হৈ গ'ল মহেশ্বৰী, মুখৰ মাত নুলায় ভালদৰে তেনেহ'লে তোমাৰ মতে এই বিয়া হবলৈ দিয়াই ভাল আছিল বুলি ক'ব খোজা নেকি তুমি?

তাত দোষেই বা কি আছিল ! এতিয়াতো দেখিছোঁ, কইনা সকলো ফালৰ পৰাই ভাল- এনেকুৱা এজনী ছোৱালী পছন্দ কৰি ল'ৰাইতো ৰুচিৰে পৰিচয় দিছিল।

সেই বুলি আমি একো নাজনিলোঁ, নুশুনিলোঁ, আমাৰ মত নললে- লৰাই নিজেই নিজৰ কইনা পছন্দ কৰি বহি থাকিল- সেইজনী ছোৱালীকেই ঘৰলৈ আনিব লাগিব নেকি! আমি মাক-দেউতাক, আমাৰ কোনো কথাই নাখাটিব নেকি এই ক্ষেত্ৰত!

তেনেহ'লেতো ইয়াত জেদৰ প্ৰশ্ন আহিছে। লৰাই যিজনী ছোৱালীক লৈ ওৰেটো জীৱন ঘৰ-সংসাৰ কৰিব, তাইক যদি সি নিজেই বাছি লয় তাত দোষ ক? এয়া, তুমিয়ে দেখোন আগতে কৈছা যে, ৰাক ছোৱালী দেখুৱাই পাছতহে বিয়া ঠিক কৰিবা।

সেয়া বেলেগ কথা। সেয়া আমি আগতে দেখি-শুনি খোজ-খবৰ লৈ ঠিক কৰি দিলে পাছত চাই আহিলহেঁতেন।

তাৰ পাছতে মনত পৰি যায় কথাটো- তুমিওতো কৈছা, এনেকুৱা ঘৰৰপৰা বোৱাৰী আনিবা যাতে আমাৰ লৰাৰ উন্নতিত সুবিধা হয়। কোৱা নাছিলা জানো এইবোৰ কথা?

হয় কৈছিলোঁ, কিন্তু তেনেকুৱা নহ'লে মই কি কৰিম? তাৰ কাৰণে লৰাৰ জীৱন নষ্ট কৰিম নেকি? আমিতো তেনেকুৱা কোনো ভিখাৰী নহয়- তদুপৰি লৰাই তেনেকুৱা কোনো ভিখাৰীৰ ঘৰৰ ছোৱালীওতো পছন্দ কৰা নাই! চাণক্যই কৈছেতেনেকুৱা কিবা দেখিলে আধা এৰি ৰফা কৰাই বুদ্ধিমানৰ কাম।

মহেশ্বৰীয়ে আৰু কথা আগনবঢ়ালে। সকলো তাইৰ অদৃষ্ট- এইদৰে কৈ যথাৰীতি বিলাপ কৰি কান্দিবলৈ ধৰিলে দুই ভৰি প্ৰসাৰিত কৰি মানব চৰিত্ৰৰ ওপৰত থকা অসাধাৰণ দখলৰ ওপৰত ভৰসা কৰি অৱনী ঘোষাল তাৰপৰা আঁতৰি আহিল। তেওঁৰ এতিয়া সমস্ত ৰাজি নিৰ্ভৰ কৰিছে পুতেকৰ চাকৰিটোৰ সম্ভাৱনাৰ ওপৰত।

বহু সময় বিলাপ কৰাৰ পাছতো বহু সময় গোমোঠা মাৰি বহি থাকিল মহেশ্বৰী। এই বয়সত লৰাৰ হাজাৰ টকীয়া দৰমহাৰ চাকৰি কথাটো বিবেচনা যোগ্য। সেই বুলি ইমান কাণ্ডৰ পাছত থোঁতা মুখ ভোঁতা কৰি সেইজনী ছোৱালীক ঘৰলৈ অনা! এনেকৈ নিজৰ মুখ নিজে পোৰা! অৱশ্যে মহেশ্বৰী মনে মনে মানিবলৈ বাধ্য হল যে, ছোৱালী কিন্তু দেখিবলৈ সঁচাকৈয়ে ধুনীয়া৷ ইফালে মেজাজো ঠাণ্ডা ঠাণ্ডা, আজি- কালিৰ ছোৱালীৰ দৰে উচ্ছৃংখল, নিলাজী, কথকী নহয়। সঁচা কথা কবলৈ গ'লে, ৰাই ইমান দূৰ আগবাঢ়িছে এই খবৰ পোৱাৰ আগতে তাই নিজেই এইজনী ছোৱালীৰ হৈ কৰ্তাৰ ওচৰত চুপাৰ্শি কৰাৰ কথা ভাবিবলৈ লৈছিল।

আকৌ ভাবিলে, এতিয়াতো জেদ কৰি এইজনী ছোৱালীক নাকচ কৰিছে- ইয়াৰ পাছত যিজনী আহিব, তাইনো কেনেকুৱা হব সেয়া কোনে জানে? যদি প্রথমদিনাৰ পৰাই তাইৰ মূৰত উঠি বহে! পুতেকৰতো এক ধৰণৰ খং থাকিব মনে মনেসিও যদি জেদ ধৰি বোৱাৰীক মূৰত তুলি দিয়ে ! যেনেকৈ তোমালোকে পছন্দ কৰি আনিছা- এতিয়া হোৱা জব্দ!

আৰু এটা কথা, এনেকুৱা সুন্দৰী ছোৱালী-পুতেকে যদি তাইক সঁচাকৈয়ে ভালপাই থাকে শেষত গৈ সঁচাকৈয়ে কিবা এটা কেলেংকাৰী কৰি নবহেতো? নাইবা তেনেকুৱা কিবা নকৰিলেও, ভিতৰি ভিতৰি গুমৰি যদি কিবা এটা অসুখ-বিসুখ হৈ যায় ! যদি তেওঁলোকৰ পছন্দৰ বোৱাৰীক গ্ৰহণ নকৰে?...

সন্ধিয়া লাগি ভাগি যোৱাৰ পাছত মহেশ্বৰী ঘৰৰ ভিতৰত প্ৰৱেশ কৰি প্ৰশ্ন কৰিলে- তুমি সিহঁতলৈ বুলি চিঠি লেখি পঠাইছা নেকি?

পঠোৱা নাই, কাইলৈ পঠাম। বাতৰি কাকতৰপৰা মুখ নুতোলোকৈ উত্তৰ দিলে অৱনী বাবুই। চাকৰি জীৱনৰ অভ্যাস এইটো, ৰাতি বাতৰি কাকত পঢ়াৰ অভ্যাস এতিয়াও বজাই ৰাখিছে।

শুনাচোন, মই এষাৰ কথা ভাবিছোঁ, চাকৰি অথবা টকা ডাঙৰ কথা নহয়, ইজ্জতটোৱে ডাঙৰ। এইজনী ছোৱালীক ঘৰলৈ আনিলে মোৰ অপমান, ইফালে তুমি কথা দি আশাবাদ কৰি আহিছা, নানিলে তোমাৰ অপমান। মোতকৈ তোমাৰ মান-সন্মানৰ বিষয়টোৱে ডাঙৰ কথা। এই ক্ষেত্ৰত নহ'লে মোৰ মূৰটোৱে নত হওঁক। তুমি এই বিয়াই ঠিক কৰা- কিন্তু পাৰিবা জানো? ইমান লৰালৰিকৈ?

এয়া কলিকতা চহৰ-ইয়াত এদিনতে বিয়া দিবপৰা যায়। আগতে তোমাৰ মনস্থিৰ কৰাচোন। অতি কষ্টেৰে হাঁহি চম্ভালি উদাসীন কণ্ঠত লে অৱনী বাবুই।

স্থিৰ নহ'লে আকৌ কৈছোঁ কিয়? অৱশ্যে মই লৰাক এই বিষয়ে কব নোৱাৰিম। যি কবৰ তুমিয়ে কব লাগিব।

বেচ, ময়ে কম বাৰু। সময় কম। এতিয়াই কৈ ঠিক কৰিব লাগিব। সেই ফটোখন ক?

ফটোখন লৈ অৱনী বাবুই যেতিয়া পুতেকৰ কোঠালিত প্ৰৱেশ কৰিলে তেতিয়া তপনে ফুচুৰ সদ্যপ্রাপ্ত চিঠি এখন পঢ়ি আছিল। দেউতাকক দেখি সি চিঠিখন আইনৰ কিতাপৰ মাজত লুকাই পেলালে। কিন্তু সি মুখৰপৰা কৌতুকৰ হাঁহিটো মচি পেলাব নোৱাৰিলে- ওঁঠৰ কোণ আৰু চকুৰ প্ৰান্তত সেয়া লাগিয়ে থাকিল।

অৱনী বাবু জীৱনত বহু লোকৰ সান্নিধ্য লৈ আহিছে। সেয়ে সেই হাঁহিৰ অৰ্থ তেওঁৰ ওচৰত অবোধ্য হৈ নাথাকিল। বৃথা বাক্য ব্যয় নকৰি তেওঁ পোনপটীয়াভাবে ক'লে- এই মাহৰ ২৯ তাৰিখত তোমাৰ বিয়া ঠিক কৰিছোঁ। ২৮ তাৰিখত ৰাওণা হব লাগিব- পাটনাত বিয়া। তৈয়াৰ হৈ লোৱা। তুমি কাক কাক মাতিবা, তোমাৰ কাপোৰ-কানি কি কি লাগিব-- সকলো ভাৰ তোমাৰ ওপৰত ন্যস্ত থাকিল, মই আৰু সেইবোৰ লৈ মূৰ ঘমাব নোৱাৰিম।

বাৰুবুলি বিনীতভাবে মূৰ নত কৰিলে তপনে।

 অনাৱশ্যকবোধত ফটোখন আৰু পকেটৰপৰা বাহিৰ নকৰিলে অৱনী বাবুই।

(জনসাধাৰণত প্ৰকাশিত)

 

                      পাদটীকা

বিগত দহকৰ শেষৰ ফালে আৰু এই দহকৰ প্ৰথম ফালে আমাৰ টোলবিলাক মহামাৰী লাগি মৰাৰ দৰে উছন যোৱাৰ উপক্ৰম হ'ল। পাঠান-মোগল আমোলত যি দূৰ্দৈৱ ঘটা নাছিল ইংৰাজ ৰাজত্বত সেয়া আমাৰ চকুৰ আগতে ঘটিবলৈ আৰম্ভ কৰিলে। অর্থনৈতিক চাপত পৰি দেশৰ কৰ্ত্তা-ব্যক্তিসকলে নিজৰ ল'ৰা-ভাইপোক টোললৈ নপঠাই ইংৰাজী মাধ্যমৰ স্কুলত পঠাবলৈ আৰম্ভ কৰিলে। চাৰিওফালে ইংৰাজী শিক্ষাৰ জয়জয়কাৰ লাগি গ'ল.......সেই ধামখুমীয়াত পৰি বিস্তৰ টোল মৰিল, আৰু বিস্তৰ কাব্যতীর্থ--বেদান্তবাগীশ নাখাই মৰিল।

আৰু তাতকৈও হৃদয়বিদাৰক হ'ল সেইসকলৰ অৱস্থা যিসকল নিৰূপায় হৈ সংস্কৃত বা বাংলা ভাষাৰ শিক্ষক হিচাপে হাইস্কুলবিলাকত স্থান পালে৷ এওঁলোকৰ নিজৰ নিজৰ বিষয়ত অৰ্থাৎ কাব্য, অলংকাৰ, দৰ্শন ইত্যাদিত এওঁলোকৰ পাণ্ডিত্য আছিল অন্যান্য শিক্ষকতকৈও বহু বেছি, কিন্তু সন্মান আৰু পাৰিশ্ৰমিক এওঁলোকে পাইছিল সকলোতকৈ কম। শুনিছো, কোনো কোনো স্কুলত পণ্ডিতৰ দৰমহা চাপৰাচীতকৈও কম আছিল।

আমালোকৰ পণ্ডিত মহাশয় তর্কালংকাৰে নে কাব্যবিশাৰদ আছিল মোৰ ঠিক মনত নাই; কিন্তু এই কথা মনত আছে যে, পণ্ডিত সমাজত তেওঁৰ খ্যাতি আছিল প্ৰচুৰ আৰু তেওঁৰ পিতৃ-পিতামহ চতুৰ্দশ পুৰুষ মাথোন যে ভাৰতীয় সংস্কৃতিৰ একনিষ্ঠ সাধক আছিল তেনে নহয়, তেওঁলোক কেতিয়াও পৰান্ন ভক্ষণ কৰা নাছিল---পাল-পাৰ্বণ, শ্ৰাদ্ধ নিমন্ত্ৰণততো পাত পতাৰ প্ৰশ্নই নুঠে।

বাংলাভাষাৰ প্ৰতি পণ্ডিত মহাশয়ৰ আছিল অবিচল অকৃত্রিম অশ্ৰদ্ধা——ঘিণ কৰা বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। বাংলাত যি অলপ খাঁটি সংস্কৃত বস্তু আছে তেওঁ মাথোন সেইখিনি পঢ়ুৱাবলৈ সন্মত হৈছিল অৰ্থাৎ কৃৎ, তদ্ধিত, সন্ধি আৰু সমাস। তথাপিও বাংলা সমাস নহয়৷ মোৰ বাংলা সমাসৰ জ্ঞান দেখি পণ্ডিত মহাশয়ে মোক এদিন আশীর্বাদ দি কৈছিল- এই মুহূর্তে তই স্কুল এৰি চতুষ্পাঠীলৈ যা । তাত তোৰ প্ৰকৃত বিদ্যালাভ হ'ব।

কিন্তু পণ্ডিত মহাশয়ে পঢ়ুৱাতকৈ গালি-শপনি পাৰিছিল বহু বেছি, আৰু মেজৰ ওপৰত দুই ভৰি তুলি টোপনি মাৰিছিল তাতকৈও বেছি। বেচ নাক বজাই, আৰু হেডমাষ্টৰক মুঠেই পৰোৱা নকৰাকৈ৷ কাৰণ হেডমাষ্টৰ তেওঁৰ ওচৰত লৰালিত সংস্কৃত শিকিছিল আৰু তেওঁ লেখা- পঢ়াত যে সর্বাংগ নিন্দনীয় হস্তীমূৰ্খ আছিল সেই কথা পণ্ডিত মহাশয়ে বাৰম্বাৰ অহৰহ সৰ্বত্ৰ উচ্চকণ্ঠত ঘোষণা কৰিছিল। আমি সেই কাহিনী শুনি বিমল আনন্দ উপভোগ কৰিছিলো, আৰু পণ্ডিত মহাশয়ক খুচি কৰাৰ কাৰণে পন্থা দৰ্কাৰ হলে সেই বিষয়টোকে নতুনকৈ উত্থাপন কৰিছিলো।

পণ্ডিত মহাশয়ে মোক অলপ বেছি স্নেহ কৰিছিল। তাৰ কাৰণ বিদ্যাসাগৰী বাংলা লেখাৰ প্ৰতি মোৰ বিশেষ ৰাগি আছিল পণ্ডিত মহাশয়ে যে মোক সকলোতকৈ বেছি স্নেহ কৰিছিল তাৰ প্ৰমাণ তেওঁ দিছিল মোৰ ওপৰত অহৰহ নানা প্রকাৰ কটুবাক্য বৰ্ষণ কৰি। অনার্য, শাখামৃগ, দ্রাবিড়-সম্ভূত শব্দবোৰ ব্যৱহাৰ নকৰাকৈ তেওঁ মোক সম্বোধন নকৰিছিল। তদুপৰি এনেকুৱা কিছুমান অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল যে তাৰ লগত তুলনা কৰাৰ দৰে বস্তু মই দেশ বিদেশৰ ক'তো বিচাৰি পোৱা নাছিলো। তথাপি এই কথাও স্বীকাৰ কৰিব লাগিব যে, পণ্ডিত মহাশয়ে শ্লীল অশ্লীল উভয় বস্তুই একে সুৰতে একে পৰিমাণে বলকি গৈছিল, সম্পূৰ্ণ অচেতন, বীতৰাগ আৰু লাভালাভৰ আশা বা ভয় নকৰি। আৰু তেওঁৰ অশ্লীলতা মাৰ্জিত নহ'লেও অত্যন্ত স্নিগ্ধ ৰূপত দেখা দিছিল বুলি মই বহু অভিজ্ঞতাৰ পাছতো এতিয়াও মন স্থিৰ কৰিব পৰা নাই যে সেইবোৰ শুনি মোৰ লাভ বা ক্ষতি কোনেটো বেছি হৈছে।

পণ্ডিত মহাশয়ৰ গাৰ বৰণ আছিল শ্যাম, তেওঁ মাহত এবাৰ দাঢ়ি-গোঁফ খুৰাইছিল আৰু আঁঠুলৈকে ধুতি পিন্ধিছিল। দেহৰ উত্তমাৰ্ধত এডাল জৰী মেৰুৱা থাকিছিল- অজ্ঞই কৈছিল সেইটো নেকি জৰী নহয় চাদৰ। ক্লাচত সোমায়ে তেওঁ সেই জৰীডাল মেজৰ ওপৰত নমাই থৈছিল। আমাৰ ফালে এনেকৈ ৰোষবহ্নি নেত্ৰত চাইছিল, যেন আমি বিদ্যালয়লৈ নাহি খেতি-বাতি কৰিবলৈ যোৱা সমীচিন আৰু এই কথাটো অন্ততঃ দ্বিসহস্ৰ বাৰ স্মৰণ কৰাই দি ভৰি দুখন মেজৰ ওপৰত লম্বভাবে ৰাখিছিল। তাৰ পাছত যি কোনো এটা অজুহাত দেখুৱাই আমাক এজাউৰি গালি-শপনি পাৰি শেষত টোপনি গৈছিল। নিতান্ত কোনো অজুহাত নাপালে- সিদিনা দুই চাৰিটা কৃৎ-তদ্ধিত সম্বন্ধে আপোন মনে- কিন্তু বেচ উচ্চকণ্ঠত- আলোচনা কৰি উপসংসাৰত কৈছিল, এই মূৰ্খবোৰক বিদ্যাদান কৰাৰ প্ৰচেষ্টা বন্ধ্যাগমনৰ দৰে নহয়নে বাৰু? তাৰ পাছত তেওঁ নিজৰ বিগত চতুষ্পাঠীৰ কথা স্মৰণ কৰি বিড় বিড় কৰি বিশ্বব্ৰহ্মাণ্ডক অভিশাপ দিছিল, কেতিয়াবা কেতিয়াবা দীর্ঘনিশ্বাস পেলাই হাতে-টনা পাখাৰ পাংখাৰ ফালে একেথিৰে বহুপৰ চাই থাকি অকাতৰে টোপনি গৈছিল।

শুনিছোঁ, ঋগ্বেদত আছে, যমপত্নী যমী যেতিয়া যমৰ মৃত্যুত অত্যন্ত শোকাতুৰা হৈ পৰিছিল, তেতিয়া দেৱতাসকলে কোনো প্রকাৰ সান্ত্বনা দিব নোৱাৰি শেষত তেওঁক নিদ্ৰা নিয়াইছিল। সেয়ে মোৰ বিশ্বাস, পণ্ডিত মহাশয়ৰ টোল কাঢ়ি নি দেৱতাসকলে তেওঁক সান্ত্বনা দিয়াৰ কাৰণে অহৰহ টোপনি নিয়াইছিল। কাৰণ এনেকুৱা দিন, যামিনী, সান্ধ্য বসন্তত বেঞ্চ, খাট যতে ততে টোপনি যোৱাটো দেৱতাৰ দান- এই কথা অস্বীকাৰ কৰাৰ উপায় নাই।

বহু বছৰ পাৰ হৈ গৈছে, সেই স্কুলৰ সন্মুখেদি বৈ যোৱা সুৰৰ্মা নদীৰে বহু পানী বৈ গৈছে, কিন্তু আজিও যেতিয়া ব্যাকৰণ সম্পর্কে তেওঁৰ কথা মনত পৰে, তেওঁৰ যি ছবি মোৰ চকুৰ আগত ভাহি উঠে সেয়া তেওঁৰ জাগ্ৰত অৱস্থা নহয়, সেই ছবিত দেখা পাও, মেজৰ ওপৰত দুভৰি তুলি, মূৰ এফালে হলাই, শৰ-শয্যাত শায়িত ভাৰতীয় ঐতিহ্যৰ শেষ কুমাৰ ভীষ্মদেৱৰ দৰে, কাষ্ঠাসনত শুই পণ্ডিত মহাশয়ৰ সেই টোপনি যোৱাৰ সেই দৃশ্য। কিন্তু ছিঃ ! এইবোৰ কৈ পণ্ডিত মহাশয়ৰ প্রেতাত্মাক ব্যথিত কৰো কিয়?

সেই সময়ত অসমৰ চীফ-কমিচনাৰ আছিল এন, ডি, বীটসেন-বেল। চাহাবজনৰ মূৰৰ অলপ গণ্ডগোল আছিল। প্রথম পৰিচয়তে তেওঁ সকলোকে বুজাই কৈছিল যে, তেওঁৰ নাম আচলতে নন্দদুলাল মজুমদাৰ বজায় ঘণ্টা।এন, ডিত হয় নন্দদুলাল আৰু বীটসন বেল অর্থাৎ বজায় ঘণ্টা।

দুয়ো ফালে মিলি হয়, ‘নন্দদুলাল মজুমদাৰ বজায় ঘণ্টা।

সেই নন্দদুলাল আহি উপস্থিত হ'ল আমাৰ চহৰত। শ্রেণীৰ ওজা ছাত্ৰ আছিল পদ্মলোচন। সিয়ে এদিন খবৰ দিলে, লাট চহাব আহিব স্কুল পৰিদৰ্শন কৰিবলৈ- পদ্মৰ ভিন্‌দেউ নেকি লাট চাহাবৰ ট্যুৰ-ক্লার্ক- সি তেওঁৰপৰা পকা খবৰ পাইছে।

লাট চাহাবৰ স্কুল আগমন অবিমিশ্র আনন্দদায়ক অভিজ্ঞতা নহয়। এফালে যিদৰে কোৱা নাই, মেলা নাই হঠাৎ কচুৰ বিনাকচুৰত লাট চাহাব অহাৰ উত্তেজনাত খিট্‌খিটীয়া স্বভাৱৰ শিক্ষকসকলৰ ফালৰপৰা কপালত কিলটো চৰটো পৰিছে, আনফালে লাট চাহাব গুচি যোৱাৰ পাছত তিনি দিন ছুটী।

হেডমাষ্টৰ মহাশয়ৰ মেজাজ যেতিয়া আটায়েৰে প্ৰাণ ভাজি-পুৰি ছাই কৰাৰ উপক্ৰম কৰিছে এনেকুৱা এটি সময়তে খবৰ পোৱা গ', শুক্রবাৰ দিনা হুজুৰ আহিব।

স্কুল আৰম্ভ হোৱাৰ এঘণ্টা আগত সিদিনা আমি আহি বিদ্যালয়ত উপস্থিত হলো। হেডমাষ্টৰ স্কুলৰ সৰ্বত্ৰ চকৰিৰ দৰে ঘূৰি ঘূৰি তুর্কিনাচ নাচিছে। যিফালে চাওঁ সেইফালেই হেডমাষ্টৰ- নিশ্চয় তেওঁৰ বহু কেইজন যমজ ভায়েক আছে, আৰু স্কুল চম্ভালিবৰ বাবে সিদিনা আটাইকে ৰিকুইজেশ্বনকৰি লৈ আহিছে।

পদ্মলোচনে কলে- কমনৰূমলৈ গৈ মজা চাই আহগৈ।

কিয়, কি হৈছে?

নিজে গৈ দেখি নহা কিয়।

পদ্ম আৰু যিয়ে নকৰক কিয়, কেতিয়াও বাহী খবৰ প্ৰচাৰ নকৰে। হেডমাষ্টৰৰ চৰৰ ভয় নকৰি কমনৰূমৰ ওচৰলৈ গৈ খিড়িকীৰে জুমি চাই দেখিলো, অবাক কাণ্ড। আমালোকৰ পণ্ডিত মহাশয় এটি দীঘল হতীয়া একেবাৰে নতুন হালধীয়া ৰঙৰ গেঞ্জি গাত জাপি বহি আছে আৰু বাকী মাষ্টৰসকলে কলৰৱ কৰি সেই গেঞ্জিটোৰ প্ৰশংসা কৰি আছে, নানা মুনিয়ে নানা গুণকীৰ্ত্তন কৰি আছে, কোনোবাই কৈছে, পণ্ডিত মহাশয় কেনে বিচক্ষণ লোক, খুব সস্তাত বহুৱাইছে (গাঁজা, পণ্ডিত মহাশয়ৰ সাংসাৰিক বুদ্ধি একেবাৰে নাছিল), কোনোবাই কৈছে, আঃ! যিদৰে শুৱাইছে ( হাতী, পণ্ডিত মহাশয়ক চাকাচৰ বহুৱাৰ দৰে দেখাইছে), কোনোবাই কৈছে, যিদৰে ফিট্‌ হৈছে (মৰি যাওঁ, গেঞ্জিৰ আকৌ ফিট্ আউট কি?)শেষ মুহূৰ্তত পণ্ডিত মহাশয়ৰ দোস্ত মৌলবী চাহাবে দাঢ়ি নচুৱাই ক'লে- বুজিলা ভট্টাচার্য, এনেকুৱা উত্তম গেঞ্জি মাথোন দুটা তৈয়াৰ হৈছিল, তাৰে এটা কিনিছিল পঞ্চম জর্জে আৰু দ্বিতীয়টো কিনিলা তুমি। এই দুটা তৈয়াৰ কৰিবলৈ গৈ কোম্পানী দেউলীয়া হৈ গৈছে। আৰু কাৰো কপালত এনেকুৱা গেঞ্জি নাই।

চাপৰাচী নিত্যানন্দই দূৰৰপৰা ইংগিতত জনালে- চাহাব আহি আছে।

তিনি জাঁপত ক্লাচলৈ উভতি আহিলো।

চেকেণ্ড পিৰিয়ডত বাংলা। পণ্ডিত মহাশয় অহাৰ লগে লগে আমি আটায়ে এগাল হাঁহি গেঞ্জিটোৰ ফালে চালো। ইতিমধ্যে ৰেৱতীয়ে খবৰ দিলে যে, শাস্ত্ৰত চিলাই কৰা কাপোৰ পিন্ধা নিষেধ বুলি পণ্ডিত মহাশয়ে পাঞ্জাৱী চোলা নিপিন্ধে, কিন্তু লাট চাহাব আহিছে, মাথোন খালী গাত স্কুলত অহাটো ভাল নেদেখায়, সেয়ে আজি গেঞ্জি পিন্ধি আহিছে। গেঞ্জি হাতে বোৱা বস্তু, চিলাই কৰা কাপোৰৰ পাপৰ পৰা পণ্ডিত মহাশয় এই কৌশলেৰে নিষ্কৃতি পাইছে।

গেঞ্জি দেখি আমি ইমানেই মুগ্ধ যে, পণ্ডিত মহাশয়ৰ গালি-শপনি, বৰালি-চকু আটাইবোৰৰ কাৰণে আমি তেতিয়া সাজু, কিন্তু কিয় নাজানো, তেওঁ তেওঁৰ ৰুটিন মাফিক একোৱে নকৰিলে। গালি-শপনি নাপাৰিলে, চকু ৰঙা নকৰিলে। লাট আহিছে ফলত মেজৰ ওপৰত ভৰি তোলাৰ প্রশ্নও উঠিব নোৱাৰে। তেওঁ চকীৰ ওপৰত অত্যন্ত বিষণ্ণ বদনত বহি থাকিল।

পদ্মলোচনৰ ভয়-ডৰ কম। সি উল্লসিত হৈ কলৈ- পণ্ডিত মহাশয়, গেঞ্জিটো কিমানেৰে কিনিলে?

আশ্চর্য, পণ্ডিত মহাশয় খেঙখেঙাই নুঠিল, নিৰ্জীৱ কণ্ঠত কলে- পাঁচ সিকিত।

আধা মিনিট নৌযাওঁতেই পণ্ডিত মহাশয় দুহাতেৰে ক্ষণে ইয়াত খজুৱায়, ক্ষণে তাত খজুৱায়৷ পিঠিৰ অসম্ভৱ অসম্ভৱ ঠাইত কেতিয়াবা সোঁহাত, কেতিয়াবা বাওঁ হাতেৰে খজুৱাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ মুখ বিকৃত কৰি গেঞ্জিৰ ভিতৰত হাত চালান কৰি বলিয়াৰ দৰে অ ত খচ্ খচ্ কৰি খজুৱায়।

এনেয়ে ওৰেটো জীৱন গাত একো পিন্ধা নাই, তাৰ ওপৰত গেঞ্জি, সেয়াও আকৌ একেবাৰে নতুন খহটা গেঞ্জি।

পোৱালি ঘোঁড়াৰ পিঠিত প্রথম জিন লগালে, যিদৰে আগফালৰ দুই ভৰি আকাশৰ ফালে তুলি লাফ-জাঁপ মাৰে, শেষ মুহূৰ্তৰ্তত পণ্ডিত মহাশয়ৰো ঠিক সেই একেই অৱস্থা হল। কেতিয়াবা কৰুণ কণ্ঠত অস্ফুট আৰ্তনাদ কৰে- ৰাধামাধৱ এয়া কেনেকুৱা গৰ্ভযন্ত্রণা! কেতিয়াবা আকৌ ইখন হাতেৰে সিখন হাত চেপি ধৰে, দাঁত-মুখ কৰচি আত্মসম্বৰণ কৰাৰ চেষ্টা কৰে- লাট চাহাবৰ সন্মুখততো সৰ্বাংগ খজুৱা সম্ভৱ নহ'ব।

শেষ মুহূৰ্তত ৰ'ব নোৱাৰি মই থিয় দি ক'লোঁ- পণ্ডিত মহাশয়, আপুনি গেঞ্জিটো খুলি পেলাওঁক। লাট চাহাব আহিলে মই খিড়িকিৰে দেখিবলৈ পাম। তেতিয়া পিন্ধি লব।

লে- হেৰৌ জড়ভৰত, গৰ্ভ যন্ত্ৰণাটো নুখোলো, পিন্ধাৰ অভ্যাস হৈ যোৱাৰ কাৰণে।

মই হাতযোৰ কৰি ক'লোঁ- এদিনতে অভ্যাস নহ, পণ্ডিত মহাশয়, সেইটো আপুনি খুলি পেলাওঁক।

আচলতে পণ্ডিত মহাশয়ৰ মতলব আছিল গেঞ্জিটো খুলি পেলোৱাৰে, মাথোন আমাৰ কাৰোবাৰ ফালৰপৰা মৰাল ছাপোর্টপোৱাৰ অপেক্ষাত ইমান সময় বহি আছিল।

তথাপি সন্দিগ্ধ দৃষ্টিৰে চাই কলে- শেষ মুহূৰ্তত নুডুবাবিতো। তই যদি সতৰ্ক নকৰ আৰু লাট চাহাব যদি আহি পৰে?

মই ইহলোক পৰলোক সৰ্বলোকৰ শপত খালোঁ।

পণ্ডিত মহাশয়ে গেঞ্জিটো খুলি মেজৰ ওপৰত নমাই থৈ সেইটোৰ ফালে এনেকৈ দৃষ্টি হানিলে, যেন তেওঁৰ টিকিটো কোনোবাই কাটি পেলালেও হয়তো তাৰ ফালে তেনেকৈ অধিক ঘৃণা মিহলি দৃষ্টিৰে নাচালেহেঁতেন। তাৰ পাছত লুপ্ত দেহটো ওভতাই পোৱাৰ আনন্দত প্রাণভৰি সৰ্বাংগ খজুৱালে। বুকু, পিঠি তেতিয়া ৰঙা ৰঙা আঁক-বাঁকৰে ভৰি পৰিছে।

ইয়াৰ পাছত আৰু কোনো বিপদ নঘটিল। পণ্ডিত মহাশয় মাজে মাজে ৰাধামাধৱক স্মৰণ কৰিবলৈ ধৰিলে। মই খিড়িকিৰে বাহিৰৰ ফালে চাই ৰলো। বাকীবোৰে গেঞ্জিটোৰ নাম, ধাম কোনখন দোকানৰপৰা কিনিছে, সস্তা নে মহঙা তাকেলৈ আলোচনা কৰিবলৈ ধৰিলে।

মই সময় মতেই ৱার্নিং দিলো। পণ্ডিত মহাশয় আকৌ তেওঁৰ গৰ্ভ-যন্ত্ৰণাটো গাত জাপি ললে।

লাট চাহাব আহিল, লগত ডেপুটি কমিচনাৰ, ডিৰেক্টৰ, ইন্সপেক্টৰ, হেডমাষ্টৰ, চাপৰাচী নিত্যানন্দ আৰু লাট চাহাবৰ এডিচি ফিডিচি সকলো বাৰাণ্ডাত ভিৰ কৰি থিয় দিলে।

হ্যালো পান্‌ডিটবুলি লাট চাহাব কমদনৰ বাবে হাত বঢ়ালে। ৰাজসন্মান পাইপণ্ডিত মহাশয়ৰ সকলো যন্ত্ৰণা লাঘৱ হল। বাৰে বাৰে মুৰ দোঁৱাই লাট চাহাবক চালাম কৰিলে- এই অনাদৃত পণ্ডিত শ্রেণী সমান্যতম গতানুগতিক সন্মান পালেও যে কিদৰে বিগলিত হৈছিল, সেয়া তেওঁলোকৰ সময়ৰ অৱস্থা নেদেখিলে এতিয়া অনুমান কৰাৰ উপায় নাই।

হেডমাষ্টৰে পণ্ডিত মহাশয়ৰ কৃত-তদ্ধিতৰ বিকাৰগ্ৰস্ততাৰ কথা জানে, সেয়ে নিৰ্ভয়ে ব্যাকৰণৰ সৰ্বোচ্চ নভঃস্থলত উড্ডীয়মান হৈ বিহঙ্গ শব্দৰ তত্ত্বানুসন্ধান কৰিলে। আমি প্রায় দহজনমানে একেলগে চিঞৰি উঠিলো- 'বিহায়স পূর্বক গম ধাতু খলাট চাহাবে হাঁহি মাৰি ক'লে- ওয়ান এ্যাট এ টাইম প্লিজ।'

লাট চাহাবে আমাক ক'লে প্লিজ’- এয়া কি কাণ্ড!

হেডমাষ্টৰে পুনৰ সুধিলে- বিহঙ্গ?

আমি আটায়ে চুপ- অর্থাৎ তেতিয়ালৈকে প্লিজৰ আতিশয্য মাৰ যোৱা নাছিল। ব্যাকৰণত মস্ত পণ্ডিত হেড মাষ্টৰে আমাৰপৰা শুনা উত্তৰটোকে পুনৰ ৰিপিটকৰি মাথোন ক্লাচতে নহয় সমগ্র দেশতে নাম কৰি পেলালে। আমি নির্বোধৰ দৰে তেওঁৰ ফালে একেথৰে চাই 'লো।

লাট চাহাব মাজতে পণ্ডিত শব্দৰ মূললৈ হেডমাষ্টৰৰ লগত ইংৰাজীত আলোচনা আৰম্ভ কৰিলে। হেড মাষ্টৰে কি কলে নাজনো, কিন্তু ৰবীন্দ্ৰ নাথে নেকি পণ্ডিতসকলৰ জড়শীলতাৰ প্ৰতি লক্ষ্য কৰি বিদ্রূপ কৰি কৈছিল, যাৰ সকলো পণ্ড হৈছে, তেৱেঁ পণ্ডিত।

সেইবোৰ থাকক। লাট চাহাব গুচি গ'ল আৰু যোৱাৰ আগত পণ্ডিত মহাশয়ৰ ফালে চাই মোলায়েম ভাবে মূৰ জোকাৰি গ'ল। ফলত পণ্ডিত মহাশয়ে গৰ্বত গংগাটোপৰ দৰে ফুলি খজুৱতিৰ কথা পাহৰি গ'ল। আমি দুই তিনিবাৰ স্মৰণ কৰাই দিয়াৰ পাছতহে তেওঁ গাৰপৰা গেঞ্জিটো ডিগ্রেডেডকৰিলে।

তিনিদিন ছুটীৰ পাছত পুনৰ বাংলাৰ ক্লাচ আৰম্ভ হল। পণ্ডিত মহাশয়ে মেজৰ ওপৰত ভৰি তুলি টোপনি গৈছে, নে মাথোন চকু মুদি আছে ঠিক ঠাৱৰ কৰিবপৰা নাছিলো কাৰণে তেতিয়ালৈকে কোনো ধৰণৰ গণ্ডগোল আৰম্ভ হোৱা নাছিল।

কাৰো ফালে নোচোৱাকৈ পণ্ডিত মহাশয় হঠাৎ মেঘৰ দৰে গৰ্জি উঠিল- এই শাখামৃগ।

নীল যাৰ কণ্ঠত তেওঁ নীলকণ্ঠ———যোগৰূঢ়াৰ্থে শিৱ। শাখাত যি মৃগ বিচৰণ কৰে সিয়ে শাখামৃগ, অৰ্থাৎ বান্দৰক্লাচৰূঢ়ার্থে মই। সঁহাৰি দিলো- ওঁ।

পণ্ডিত মহাশয়ে সুধিলে- লাট চাহাবৰ লগত আৰু কোন কোন আহিছিল ক'চোন?

মই সম্পূৰ্ণ বিৱৰণ দিলো। চাপৰাচী নিত্যানন্দকো বাদ নিদিলো।

লে- নহল । আৰু কোন আছিল?

লো- সেইযে কলো এগাল এডিচি, নে প্রাইভেট চেক্রেটাৰী! তেওঁলোকতো ক্লাচত সোমোৱা নাছিল।

পণ্ডিত মহাশয় মেঘৰ দৰে গুৰুগম্ভীৰ শব্দ আৰু গম্ভীৰ সুৰত সুধিলে- একে কথা বাৱন্ন বাৰ কৈছা কিয়, মূৰ্খ? মই কলা, নে তোৰ দৰে অমানুহ?

মই কাতৰ কণ্ঠত কলো- আৰুতো কোনো নাছিল, পণ্ডিত মহাশয়, সোধকচোন পদ্মলোচনক, সিতো আটাইকে চিনে।

পণ্ডিত মহাশয় হঠাৎ চকু মেলি মোৰ ফালে চাই দাঁত-মুখ কৰচি কলে- ওঃ ই আকৌ লেখক হব ! চকুত নেদেখা, কণা দিবান্ধ- ৰাত্ৰান্ধ লেও কথা নাছিল। কিয়? লাট চাহাবৰ কুকুৰটোক দেখা নাছিলি জানো? এইখিনি পর্যবেক্ষণ শক্তিলৈ..…....

মই লগে লগে কলো- হয় হয়, দেখিছো। কুকুৰটোতো মাথোন এক চেকেণ্ডৰ কাৰণে ক্লাচত সোমাইছিল।

পণ্ডিত মহাশয়ে কলে- মৰ্কৰ্ট (বান্দৰ) আৰু সাৰমেয়(কুকুৰ) কদাচ একেটা গৃহত অৱস্থান কৰিব নোৱাৰে। বাৰু সেইবোৰ যক। কুকুৰটোৰ কি বৈশিষ্ট আছিল, চোন?

ভাগ্য ভাল আছিল। কথাটো মনত পৰিল। কলো- হয়, এটা ঠেং কম আছিল কাৰণে খোৰাই খোৰাই খোজ কাঢ়িছিল৷

হুঁ, বুলি দুখ প্ৰকাশ কৰি পণ্ডিত মহাশয়ে চকু মুদিলেবহু সময় পাছত কলে- শুন্‌, শুক্রবাৰ দিনা ছুটীৰ পাছত কাম আছিল বুলি বহু পলমকৈ ঘাটলৈ গৈ দেখিলো, মোৰ নৌকাৰ মাজী এক অপৰিচিত ব্যক্তিৰ লগত কথা পাতি আছে। মানুহজন মুছলমান, মূৰত কিস্তি টুপী। মোক চালাম কৰি পৰিচয় দিলে। সি আমাৰ গাঁৱৰ মিম্বৰ উল্লাৰ খুলশালি, লাট চাহাবৰ পিয়ন, চাহাবৰ লগত ইয়ালৈ আহিছে, আজিৰ দিনটো ছুটী লৈছে তাৰ বায়েকক দেখিবলৈ যোৱাৰ কাৰণে। ঘাটত বেলেগ নৌকা নাই। মই যদি মেহেৰবানি কৰি অলপ স্থান দিওঁ।

পণ্ডিত মহাশয়ৰ ঘৰ নদীৰ সিপাৰে, বেচ কিছুদূৰ উজনিত। সেয়ে তেওঁ বাৰিষাকালি নৌকাত যাতায়াত কৰিছিল আৰু বহুতকে লিফ্ট দিছিল।

পণ্ডিত মহাশয়ে কলে- মানুহজনৰ লগত কথা-বতৰা হলো। লাট চাহাবৰ বহু খবৰ জানে সি, তোৰ দৰে কণা নহয়, সকলো বস্তু দেখা পায়, সকলো কথা মনত ৰাখে। লাট চাহাবৰ কুকুৰৰ এটা ঠেং কেনেকৈ ৰে'লৰ চকাৰ লগত পৰি কটা গৈছে সেই খবৰটো সজাই পৰাই ক'লে সি।

তাৰ পাছত পণ্ডিত মহাশয় পুনৰ বহু সময় মনে মনে থকাৰ পাছত নিজকে নিজে কোৱাদি লাহে লাহে কলে- মই, ব্ৰাহ্মণী, বৃদ্ধা মাতৃ, তিনিজনী কন্যা সন্তান, বিধবা পেহী, বনকৰা তিৰোতাজনীক লৈ আমি মুঠ সাতজন। আমাৰ আটায়েৰে জীৱন ধাৰণৰ কাৰণে মই মাহত পাওঁ পঁচিছ টকা। এতিয়া ক'চোন, চাও তোৰ পেটত কিমান বিদ্যা, এই ব্রাহ্মণ পৰিয়াল লাট চাহাবৰ কুকুৰৰ কেইটাৰ ঠেঙৰ সমান?

ম‍ই হতবাক ।

চোন, কেইটা ঠেঙৰ সমান?

মই তলমূৰ হৈ বহি থাকিলো। মাথোন ময়ে নহয়, ক্লাচৰ আটায়ে । সমগ্ৰ ক্লাচ নিস্তব্ধ।

পণ্ডিত মহাশয়ে হুংকাৰ দি উঠিল- ক’, উত্তৰ দে।

মই মূৰ্খৰ দৰে এবাৰ পণ্ডিত মহাশয়ৰ মুখৰ ফালে ক্ৰোহিকৈ চলো। দেখিলো, সেই মুখমণ্ডল লজ্জা, তিক্ততা, ঘৃণাত বিকৃত হৈ উঠিছে।

ক্লাচৰ আটায়ে বুজিব পাৰিছে- কোনেও বাদ যোৱা নাই- পণ্ডিত মহাশয় আত্ম-অৱমাননাৰ নিৰ্মম পৰিহাস কিদৰে সৰ্বাংগত লেপন কৰিছে, আমাক সাক্ষী ৰাখি।

পণ্ডিত মহাশয়ে আমাৰ উত্তৰৰ প্রতীক্ষাত বহি আছে। সেই ভীষণ নিস্তব্ধতা ভাঙি কিমান সময় পাছত ক্লাচ শেষ হোৱাৰ ছুটীৰ ঘণ্টা বাজিছিল এতিয়া সেয়া মনত নাই।

সেই নিস্তব্ধতাৰ পীড়ন স্মৃতি মোৰ মনৰপৰা কেতিয়াও মচ নাখাব।

নিস্তব্ধতা হিৰন্ময়, যিজন মুখই এই কথা কৈছে, তাক যেন মৃত্যুৰ আগত এবাৰৰ কাৰণে অকলে লগ পাওঁ।

(জনসাধাৰণৰ ইত্যাদিত প্রকাশিত)

 

                    নিৰুপমাৰ চকু

নিৰুপমাক মই পঢ়াও। পঢ়াও দুবছৰ ধৰি, তেতিয়া নিৰুপমাৰ বয়স আছিল চৈধ্য বছৰ। এতিয়া ষোল্ল। তাইৰ আতাকে কয়, বাৰ পাৰ হৈ তেৰত ভৰি দিছে।

অতিশয় সনাতনী ভাব তাইৰ দেউতাক-আতাকৰ। যিমান সময় পঢ়াও সর্বক্ষণ সিহঁতৰ পুৰণি আমোলৰ লগুৱা হৰিসাধন শাসক আৰু প্ৰহৰীৰূপে তাত মোতায়েন থাকে। মাজে সময়ে তাইৰ কর্মহীন আতাকো তাৰ জৰাজীৰ্ণ দেহলৈ শয্যা ত্যাগ কৰি উঠি আহে নাতিনীক চাবলৈ। নিৰুপমাৰ নতমুখ আৰু নত হয়, সংকোচিত দেহ আৰু কুঞ্চিত হয়। গ্রীষ্ম, বর্ষা উভয় ঋতুতে তাই পূৰ্ণহতীয়া ব্লাউজ পিন্ধে। তদুপৰি সমগ্ৰ শৰীৰ তাই শাড়ীৰে এনেকৈ আবৃত কৰি ৰাখে যে একমাত্ৰ হাতৰ আঙুলিকেইটাৰ বাহিৰে বেলেগ কোনো অংগ দেখাৰ উপায় নাই। মুখখন ইমানেই তলমূৱাকৈ ৰাখে যে, টনা ভ্ৰূৰ তলত উখহা চকুযুৰি আৰু জোঙা নাকটো মাথোন চকুত পৰে। অদ্ভুত মাষ্টৰি মোৰ। এই ধৰণৰ বোবাক পঢ়ুৱাটো যে কিমান দুঃসাধ্যসাধন সেয়া মাথোন ময়ে জানো। বহুদিন বিৰক্ত হৈ কাম এৰি দিব খুজিছো, কিন্তু মনৰপৰা সঁহাৰি পোৱা নাই। মাহটো গ'লেই বিছটা টকা, অতএব লজ্জাই নাৰীৰ ভূষণ বুলি ভাবি নিৰুপমাক দুবছৰ ধৰি মাথোন ক্ষমাই কৰি আহিছো। নিৰুপমাৰ আতাকে কয়, সিহঁতৰ নিৰুৰ বয়স তেৰ হলে কি হ, দেখাত তাই খুবেই ডাঙৰ হৈ উঠিছে, ভাল দৰা-টৰাৰ যদি সন্ধান থাকে.........মই মুখত কওঁ, ‘নিশ্চয় নিশ্চয়আৰু মনে মনে ভাবো, এই বোবাক বিয়া কৰাবলৈ কি দৰ্কাৰ হৈছে মানুহৰ। এনেকুৱা অশিক্ষিত লজ্জাৰ স্তুপ নি মানুহে কৰিব কি? কেৰাহিকৈ চাই দেখো, তাইৰ মুখৰ অভিব্যক্তি কিছু সলনি হল নেকি, কিন্তু আশ্চর্য, চকুৰ পতাটো পর্যন্ত লৰা নাই।

মোৰ নাম বিমলানন্দ৷ থাৰ্ড ইয়েৰত উঠিয়ে এই টিউচনিটো পাইছিলো। দেউতাই অর্থ ও সম্পত্তিৰ মালিক কৰি থৈ যোৱা নাই। বিধবা মাকলৈ জেঠাৰ আশ্ৰয়ত কালাতিপাত হৈছিল। স্কলাৰ শ্বিপৰ টকাৰে পঢ়াটো চলি আছিল। এই টিউচনিটো পাই হাতত স্বৰ্গ পালো। নিৰুপমাৰ দেউতাক সদানন্দ বাবু মোৰ দেউতাক চিনিছিল আৰু আমাক জানিছিল বুলিয়ে অৱশ্যে মোৰ ভাগ্য খুলি গৈছিল। নহ'লে মোৰ দৰে এজন যুৱক যে সিহঁতৰ ছোৱালীৰ মাষ্টৰী কৰিছে এয়া খুবেই আশ্চর্য। মই প্রতিদিন ৰাতিপুৱা ছয় বজাত পঢ়ুৱাবলৈ যাও। গলেই সৰ্বপ্ৰথম আতাকে চাই যায়, তাৰ পাছত আহে নিৰুপমাৰ সৰুটো বায়েক শংকৰ- একেবাৰে শেষত হৰিসাধনৰ লগত অত্যন্ত মৃদু গমনা নিৰুপমা কিতাপপত্ৰ আৰু কাপোৰৰ স্তুপ চম্ভালি চম্ভালি আহি মোৰ বিপৰীত দিশত থকা চকীত বহে। লাজ সোঁচৰা, মোৰো যেন চকু তুলি চাবলৈ লাজ লাগে, তথাপি গলখেঁকাৰি মাৰি লৰি-চৰি বহো। নিঃশব্দে নিৰুপমা হোমওৱাৰ্কৰ বহীখন উলিয়াই লয়, আৰু মই টানি আনি ভুল থাকিলে শুদ্ধ কৰো। মই জানো, তেতিয়া নিৰুপমাই ইংৰাজী কিতাপৰ নিৰ্দিষ্ট পাতত চকু ফুৰায়। নির্ভুল গতিত চলে এই নিয়ম।

আমাৰ চুবুৰীত এজনী ছোৱালী আছে। তাইৰ নাম সুমি অর্থাৎ সুমিতা। এই ছোৱালীজনী আকৌ নিৰুপমাৰ ঠিক বিপৰীত। লাজ- সংকোচৰ নামগোন্ধ নাই, মাজে সময়ে দৌৰি আমাৰ ঘৰলৈ আহে, মোক নিতান্ত পৰ বুলি জানিও মোৰ লগত চুপতি মাৰে, টোপনি গ'লে মুখত চূণ-কালি সানি দিয়ে, লেখা-পঢ়াত ব্যাঘাত জন্মায় আৰু নাম কাঢ়ি মাতে। মই কেতিয়াবা বেলেগৰ সন্মুখত খুবেই কুণ্ঠাবোধ কৰো। তাইৰ দেউতাকৰ টকা আছে, ফলত প্রতিপত্তিও আছে। অতএব তাইক মোৰ জেঠীয়ে তাইৰ অগোচৰে অসভ্য ছোৱালী বুলি অভিহিত কৰে; কিন্তু সন্মুখত প্ৰশ্ৰয়ৰ সীমা নাথাকে। আয়ে তাইক সঁচাকৈয়ে ভালপায়। মোৰ এজনী ভনীৰ কম বয়সত মৃত্যু হৈছে, জীয়াই থাকিলে সুমিতাৰ সমানেই হ'লহেঁতেন, হৃদয়ৰ এই দুৰ্বলতাৰ সুযোগতে সুমি আৰু আপোন হৈ উঠে আইৰ ওচৰত। সুমিৰ বয়স যিয়েই নহওঁক কিয়, তাইৰ সৰলতা আৰু নিঃসংকোচ লাফ-জাঁপে সঁচাকৈয়ে মৰম কাঢ়ে। দৃষ্টিকটু হলেও বহু সময়ত তাইক গালি পাৰিবলৈ গ'লে মায়া ওপজে। আয়ে কয়, এতিয়ালৈকে তাই যিমান ছোৱালী দেখিছে তাৰ মাজত সুমিৰ দৰে ভাল আৰু কাকো লগা নাই৷ এনেকি নিজৰ ছোৱালী থাকিলেও সুমিৰ দৰে ভাল পালে । নে বুলি সন্দেহ হয় মই ঠাট্টা কৰি কওঁ, নিজৰ ছোৱালীক নহব পাৰে, বোৱাৰীক নিশ্চয় বেছিকৈ ভাল পাবা। আয়ে হাঁহে, তাৰ পাছত কয়, ‘কপালৰ কথা কবপৰাতো নাযায় ! সুমিৰ দেউতাকৰ বিদ্যানুৰাগ আছে।' কথাষাৰ খচ্‌কৈ বিন্ধে মোৰ মনৰ মাজত। ’, এয়াই নেকি আইৰ মনৰ কথা! এদিন দুপৰীয়া অকলে লগ পাই সুমিৰ আঁচলত ধৰি টানি কলো, এই সুমি.....

ভ্রূ কোঁচাই সুমি উত্তৰ দিলে- কি?

উত্তৰৰ মাজত যদি অকণো ৰস-টস থাকিলহেঁতেন! সমগ্ৰ দুপৰীয়া এনেকৈ দৌৰ-জাঁপ পাৰা কিয়?

তাতে তোমাৰ কি?

মোৰ ভাল নালাগে।

নালাগিলে মোৰ কি হল। সুমি বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰি গুচি যাব বিচাৰে।

নাযাবা, শুনা....

নাই নাই, মই নুশুনো।

কিয়?

মোৰ ইচ্ছা।

ইমান ইচ্ছা আৰু নাখাটে- তোমাৰ দেউতাকে মোৰ ওচৰত অংক শিকিবলৈ কৈছে দুপৰীয়া।

ইচ্- সুমি হাত এৰুৱাবলৈ চেষ্টা কৰে।

মই টানকৈ হাত চেপি ধৰি ক'লো- তোমাৰ অলপো লাজ নাই কিয় ? মোৰ ছাত্ৰী তোমাতকৈ মাথোন এবছৰৰ ডাঙৰ, তাই মোৰ ওচৰত দুবছৰ ধৰি পঢ়ি আছে. কিন্তু আজিলৈকে তাই মোৰ ফালে মূৰ তুলি চোৱা নাই।

এইবাৰ ইমান ডাঙৰ নির্বোধ সুমিৰো আত্মাভিমানত আঘাত লাগিল। খুবেই আশ্চর্য, যিমান বুৰ্বক বা যিমান সৰলেই নহওঁক কিয়, ছোৱালীবোৰে কেতিয়াও বেলেগ ছোৱালীৰ প্ৰশংসা সহ্য কৰিব নোৱাৰে। সেয়ে সুমিৰ শিশুৰ দৰে সৰল চকুতো সামান্য অভিমানৰ আভাষ ফুটি উঠিল। কলে- সেয়া মোক কোৱাৰ কাৰণ কি?

মই হাঁহি মাৰি ক'লো- তাতে যদি তোমাৰ কিছু শিক্ষা হয়।

শিক্ষা! সুমি মোৰ হাতত প্রচণ্ড এটি চিমটি কাটি পলাই যাওঁতে কৈ গ'ল- তেনেকুৱা শিক্ষা তোমাৰ ছাত্ৰীকেই দিবা। মোৰ লগত লাগিবলৈ নাহিবা।

আইৰ পচন্দ যে মুঠেই ভাল নহয় সেই বিষয়ে এইবাৰ নিঃসন্দেহ হলো। আইৰ আচল চকু সুমি, নে তাইৰ দেউতাকৰ ওপৰত? আইৰ মুখত বহুদিন শুনিছো, মোৰ বিয়া দিব মূৰব্বী দেখি। তাইৰ আইডিয়াল মুৰব্বী তেনেহ'লে সুমিৰ দেউতাক ! আইৰ কোঠালি লৈ সোমাই গৈ দেখিলো, সুমি আচাৰ খাইছে চেলেকি চেলেকি। শুনিবলৈ পাও, খুড়ী, কি সুন্দৰ আচাৰ বনোৱা তুমি।

খুড়ীয়েৰে ক'লে- আৰু অলপ খাবি নেকি?

সুমি নিশ্চয় আৰু অলপ খুজিলেহেঁতেন। মোক দেখি কলে- সৌৱা আহিছে তোমাৰ আদৰৰ লৰা। ইয়াত কিয়? নোযোৱা কিয় তোমাৰ ভাল ছাত্ৰীৰ ঘৰলৈ?

মই ক'লো- আই, সুমিক আৰু আচাৰ নিদিবা, এইক অবিশ্রান্ত প্রশ্রয় দিয়াৰ কাৰণে এই মোক মান্য নকৰে।

আহাহা- কি মোৰ মান্যবৰেষূমুখত এক ধৰণৰ অপূৰ্ব ভংগী কৰি পুনৰ আচাৰ খোৱাত মনোনিৱেশ কৰিলে সুমি। তাইৰ মুখ-ভংগী দেখি হাঁহি সম্বৰণ কৰিব নোৱাৰিলো।

কিছুদিন পাছত আয়ে হঠাৎ কলে- বিমল, এতিয়াতো তই বিয়া কৰাব পাৰ।

বিস্মিত চকুত আইৰ ফালে চালো। আই লাখ টকাৰ সপোন দেখিছে নেকি? মই নিজেই যত পৰান্নত প্রতিপালিত তত মোৰ অন্নপুষ্ট হোৱাৰ কাৰণে কাৰোবাক আমন্ত্ৰণ কৰাটো একান্তই বলিয়ালি নহয়নে বাৰু? আইৰ মুখ কিন্তু হাঁহো হাঁহো। কলে- কথাই কথাই জেঠায়েৰে সুমিৰ দেউতাকৰ লগত তোৰ বিয়াৰ কথা পাতিছিল- সুমিৰ দেউতাকৰ আপত্তি নাই। তায়েতো একমাত্ৰ ছোৱালী, ভদ্রলোক টকা দিবলৈ অপাৰগ নহয়- তেওঁ এনেকুৱা লৰা বিচাৰি আছে, যাক নিজৰ পচন্দ মতে গঢ়ি লব পাৰিব।

আইৰ কথা শুনি আত্মসন্মানত আঘাত লাগিল মোৰ। ভ্রূ কোঁচাই কলো- গঢ়ি লোৱাৰ মানে? মই এটি মাটিৰ চপৰা নেকি?

নিতান্ত নিৰুদ্বেগ ভাবে আয়ে কলে- এই ধৰা, বিলাত-ছিলাত পঠোৱা আৰু কি।

বিলাত ! মোৰ আজন্ম সপোন বিলাত। তথাপি মনৰ ভাব গোপন কৰি ক'লো- যত চব বাজে কথা তোমালোকৰ! খোৱা-লোৱা কৰি বেলেগ কাম নোপোৱা নেকি?

এইবাৰ আই খং কৰি ক'লে-তোৰ ভালৰ কাৰণেই মোৰ চিন্তা, তাৰ বাহিৰে আৰু কি। এই বিয়া যদি হয় তেনেহ'লে কওঁ, নিতান্তই তোৰ বৰাত ভাল। ৰাজকন্যা আৰু ৰাজ্য নিজে নিজেই.......

থোৱা থোৱা- আইক আৰু কথা বঢ়োৱাৰ অৱকাশ নিদি মই তাৰপৰা পলালো। কিন্তু কথাটো ভাবিব লগা অৱশ্য। টকাৰ মোৰ খুবেই দৰ্কাৰ- তথাপি বিয়াৰ কথাটো যেন মোৰ কোনোমতেই ভাল নালাগে। ঘৰত ফুচ্‌ফুচ্ গুঞ্জন চলিছে। সুমিয়ে জানে নেকি এইবোৰ?

এদিন সুযোগ বুজি পুনৰ ধৰিলো সুমিক। কলো- এই, এতিয়া আৰু দিনে-নিশা আমাৰ ঘৰলৈ নাহা কিয়?

কিয়?

কিয় আকৌ কি, তুমি নাজানা নেকি একো?

সুমি মৌন ভাবে চাই থাকিল মোৰ মুখৰ ফালে।

মই ক'লো- মোৰ লগত তোমাৰ বিয়া-

অসভ্য- আচম্বিতে ঠাচ্ কৰি মোৰ পিঠিত এটি থাপৰ মাৰি দৌৰি পলাই গ'ল সুমি। মই আহত পিঠিত হাত বুলাই ভাবিলো, শেষত তাইৰ হাতৰ মাৰ খাই মৰিম নেকি?

সন্ধিয়া আহ্বান আহিল জেঠাৰ কোঠালিৰপৰা। মোক দেখিয়ে ক'লে- আমাৰ আটায়েৰে খুব ইচ্ছা, এতিয়া তুমি কলেই হল। ইয়াত অমত নকৰিবা- জীৱনৰ সকলো উচ্চাশাৰ মেকৰুদণ্ডই হল টকা- আৰু তুমি যেতিয়া ভাল ছাত্র তেতিয়া বিলাত যদি এবাৰ ঘূৰি আহিব পাৰা- ইয়াৰ পাছৰ কথাষাৰ জেঠাই ভাব-ভংগী কৰি বুজাই দি দাঢ়িত হাত বুলাবলৈ ধৰিলে।

মোক মৌনভাবে থিয় দি থকা দেখি তেওঁ পুনৰ ক'লে- বাৰু, ভাবি চোৱাগৈ- কাইলৈ কলেই হল মোক।

কোৱা বাহুল্য, সুমিৰ দেউতাকৰ টকাই মোক প্রলুব্ধ কৰিলে আৰু এমাহৰ ভিতৰত পকা হৈ গ'ল আমাৰ বিয়া। আটায়ে সুমিকলৈ মোক ঠাট্টা ইয়ার্কি কৰে- আটায়েৰে ধাৰণা সুমকি মই ভাল পাও, সেয়ে এই বিয়া। খুবেই এক ধৰণৰ ৰোমাণ্টিক কাৰবাৰ। মই কিন্তু এতিয়াও সুমিক স্ত্ৰী হিচাপে কল্পনা কৰি অকণো আনন্দ নাপাও- সুমি আগৰ দৰে সকলো সময়ত নাহে অৱশ্যে, কিন্তু আহিলে দেখা হয়েই, এই কথা এবাৰৰ কাৰণেও মনত নপৰে যে দুদিন পাছত তাইৰ লগত মোৰ বিয়া হব- অকণমান লাজ, অকণমান আনন্দ, অকণমান নিচা সকলোৰে মিশ্ৰণ কৰি হৃদয়ক অভিভূত কৰাৰ কাৰণে চেষ্টা কৰো, কিন্তু তাইক কাষত দেখিলেই সকলো উৰি যায়। তেনেহ'লে মই সুমিক পচন্দ নকৰো নেকি? ভাল নাপাওঁ নেকি? সেয়াও নহয়, আচলতে সুমিৰ লগত মোৰ যি সম্বন্ধ তাত স্নেহ মমতাই যথেষ্ট, কিন্তু প্রেম নাই।

বিয়াৰ দুদিন আগতেই নিমন্ত্ৰণৰ চিঠিখন পকেটত ভৰাই নিৰুপমাক পঢ়ুৱাবলৈ গ'লো। কেই দিনমান পঢ়ুৱাবলৈ নাহো এই কথা কোৱাৰ ইচ্ছা আছিল৷ পঢ়া-শুনা শেষ কৰি দেখিলো, হৰিসাধন বহা নিৰ্দ্দিষ্ট ঠাইডোখৰ শূন্য। চিঠিখন অত্যন্ত সংকোচৰ সৈতে পকেটৰপৰা উলিয়াই কলো- আপোনাৰ আতাক ঘৰত নাই নেকি?

নিৰুপমাই মূৰ জোকাৰি জনালে, নাই।

লৈ গৈছে?

অত্যন্ত মৃদু সুৰত উত্তৰ দিলে- পেহীহঁতৰ ঘৰলৈ।

এই চিঠিখন’- বুলি চিঠিখন মেজৰ ওপৰত থলো। কিবা কবলৈ খুবেই লজ্জাবোধ হবলৈ ধৰিলে। কিন্তু হঠাৎ ধাৰণা হল নিৰুপমা চঞ্চল হৈ উঠিছে আৰু তাইৰ শাড়ীৰ ভিতৰৰপৰা এখন হাত দ্ৰুত বাহিৰ হৈ আহিছে চিঠিখনৰ ফালে-- এপলক চকু ফুৰাই হঠাৎ মুখখন তুলি এনেকুৱা এক ধৰণৰ স্থিৰ দৃষ্টিৰে মোৰ চকুৰ ফালে তাই চাই ৰ'ল যে, মই খন্তেক সময় তাইৰ সেই দৃষ্টিৰ সন্মুখত আচ্ছন্ন হৈ ৰলো। এইবাৰ প্রথম দেখিলো তাইৰ চকু। কি আছিল সেই চকুৰ মাজত মই নাজানো, কিয় সেই কাম কৰিলো সেয়াও নাজানো। হঠাৎ নিৰুপমাৰ হাতৰপৰা চিঠিখন কাঢ়িলৈ টুকুৰা-টুকৰকৈ চিঙি বাহিৰ হৈ আহিলো কোঠালিৰ ভিতৰৰপৰা। চাইকেলত উঠাৰ আগত আৰু এবাৰ পিছফালে ঘুৰি চালো, দেখিলো দুহাতেৰে মুখ ঢাকি নিৰুপমা বহি আছে মাটিৰ মূৰ্ত্তিৰ দৰে।

তাৰ পাছত আজি৷ দোকমোকালিত উঠিয়ে মই বিমর্ষ ভাবে আইক কলো- আই, শেষ ৰাতিৰ ফালে খুবেই অদ্ভুত সপোন দেখিলো।

আই আজি-কালি সদা ব্যস্ত, কিবা কামৰ কাৰণে গৈ আছিল। হঠাৎ ৰৈ গ'ল। কলে- কি সপোন?

থাকক, নকওঁ-

আহ্, নকৱ কিয়।

নালাগে, শুনিলে তোমাৰ মন বেয়া হ'ব।

আইৰ কৌতুহল বাঢ়ি গ'ল। এইবাৰ বিছনাত বহি কলে- ক’, সোনকালে কমোৰ বহু কাম।

দেউতাক দেখিলো (অলপ ৰৈ গ'লো এইখিনিত) তেওঁ ক'লে, বিমল আৰু দুমাহ পাছত তোক ইয়াত লগ পাম, কিন্তু মোৰ আনন্দ হোৱা নাই।' আইৰ চকু বহল হৈ উঠিল। তই সংসাৰত থাকিবি, সুখী হবি, সর্বোপৰি দুঃখিনী মাকৰ আশ্ৰয় হ'বি মই ইয়াকে বিচাৰিছিলো, কিন্তু যাৰ লগত তোৰ বিয়া হৈ আছে, সেইজনী ছোৱালীৰ দুমাহৰ ভিতৰতে বৈধব্য লেখা আছে।'

সর্বনাশ! আইৰ মুখৰপৰা শব্দটো ঠিক আৰ্তনাদৰ দৰে বাহিৰ হল। মুহূৰ্তৰ ভিতৰতে ঘৰখনত ৰাষ্ট্ৰ হৈ গ'ল সেই সপোন- কলৈ গ' খোৱা-লোৱা, গীত-বাদ্য, আত্মীয়-স্বজন-- খবৰ গ'ল সুমিৰ দেউতাকৰ ওচৰলৈ- ভীষণ কাৰবাৰ এক মুহূর্ততে।

মই সুযোগ বুজি পলাই আহিছো আৰু সবেগে চাইকেল চলাই গৈ আছো নিৰুপমাক পঢ়ুৱাবলৈ।

এতিয়া আপোনালোকেই কওঁক, কামটো মই খুব অন্যায় কৰিছো নেকি? কিন্তু নিৰুপমাই কিয় মূৰ তুলি চালে।

(জনসাধাৰণত প্ৰকাশিত)

 

                  হীৰাৰ আঙুঠি

বেচ কিছু বছৰ আগৰ ঘটনা। হয়, কিমান বছৰ আগত সেয়াও মনত আছে ৰত্নাৰ। তেতিয়া তাই মাথোন এঘাৰ বছৰীয়া আছিল। দেউতাকৰ লগত সিদিনা ৰাস্তাৰ কাষত থিয় দি আছিল। অন্ধকাৰ - দেউতাকে গল্প কৈ আছে- মাজে মাজে ভুল হৈ যায়- ভুল হৈ আছিল বুলি কোৱাই উচিত- সেয়া যিয়ে নহওঁক, এতিয়াৰ এই চাইৰেন বজোৱা অন্ধকাৰৰ দৰে নাছিল। এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ শৈথিল্যৰ কাৰণে কৃত অন্ধকাৰ ৷ কথা নাই, বতৰা নাই- হঠাৎ অন্ধকাৰ হৈ যায়। চাৰিওফালে আলোক জিল্‌মিল্‌ কৰি আছে, হঠাৎ সমগ্ৰ পাৰাত কলা অন্ধকাৰ

সিদিনা আছিল দেওবাৰ। সিহঁতৰ দোকান বন্ধ, দেউতাকে আবেলি তিনিবাৰমান চাহ খাই অলসভাবে সন্ধিয়া উপভোগ কৰি আছিল ৷ হঠাৎ অন্ধকাৰ হৈ যোৱাত ধাৰণা হ, বাহিৰৰ ৰাস্তা-ঘাট দেখাৰ দৰে এনেকুৱা সুযোগতো বেলেগ দিন পোৱা নাযায়- আজি দেখা যাওঁক।

লগে লগেই ৰত্না ওলাই আহিছিল, দেউতাকৰ লুংগী ধৰি- তেতিয়াই সেই ঘটনাটো ঘটিছিল। আকস্মিক, অকাৰণ, স্বপ্নাতীত।

ভদ্রলোক ব্যৱসায়ী। পৈতৃক ব্যৱসায়, মনোহাৰী দোকান। ব্যৱসায় তেতিয়া সামান্যই আছিল, পাছত ডাঙৰ পুতেক কেশৱ, তেওঁৰ তেতিয়া পঁচিছ বছৰ বয়স, সৰু পুতেক মাধৱৰ তেইছ- এওঁলোকেই পৰিশ্ৰম কৰিছে প্রাণপণ পৰিশ্ৰম কৰিছে। সামান্যৰপৰা দোকানখনক অসামান্য কৰি তুলিছে। অৱশ্যে প্লেন-প্রোগ্রাম কেশৱৰে, মাথোন আমদানী কৰি মনোহাৰী বস্তু কিনি আনি বিক্ৰী কৰাতেই কেশৱ থমকি ৰোৱা নাছিলকিছু কিছু বস্তু তৈয়াৰো কৰিছিল সৰু সৰু কাৰখানা কৰি। ক্রমশঃ সেই কাৰখানা বাঢ়িছে? সেইবোৰ কেশৱে দেখা-শুনা কৰিছে আৰু  মাধৱে দেখা-শুনা কৰিছে দোকানখন।

দোকানৰ দুৱাৰ বন্ধ কৰি, যাক কোৱা হয় সকলো বন্ধ কৰি, ককায়েক-ভায়েকে হিচাপপাতি কৰিবলৈ বহিছিল, ফলত ঘৰলৈ ওভতোঁতে কোনো কোনোদিন ৰাতি এঘাটা, কোনো কোনোদিন আকৌ বাৰটাও বাজি গৈছিল।

অর্থ আহিলেই অনর্থ- কথাষাৰ যেন প্রতিদিন জপমালাৰ দৰে জপ কৰে ৰত্না।

এদিন কেশৱে কথাটো পাৰিলে। কলে- চোৱা, এতিয়া আমি একান্নৱৰ্ত্তী পৰিয়াল নহয়, স্ত্ৰীসকল আহিলে একান্নৱৰ্ত্তী হৈ থকা সম্ভৱো নহয়৷ দুয়োৰে লৰা-ছোৱালী আছে, আছে ভৱিষ্যত...। তুমিয়ে ভাল কৰিছা, পৈতৃক ঘৰ-বাৰী এৰি ভাৰাঘৰত আছা, এয়া তোমাৰ মহত্ব। মই ভাল ঠাইত মাটি কিনি প্লেন পর্যন্ত কৰি দিছো- ঘৰো উঠিবলৈ আৰম্ভ কৰিছে। তোমাৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেই ফালেও মই লক্ষ্য ৰাখি আছো।

হয়, মই কব খুজিছোঁ যে, তুমি মনোহাৰী দোকান চলাইছা- তোমাৰ চেষ্টাতেই বহুত বাঢ়িছেও, সেইখনে তোমাৰ থাকক, মই কাৰখানাটো লওঁ, কি কোৱা?

মাধৱে এয়াই অনুমান কৰিছিল, ইয়াৰ কাৰণে সি প্রস্তুতো আছিল। কলে- এয়া কিয় দাদা, সংসাৰ বেলেগ হৈছে হওঁক, ব্যৱসায় একেলগেই থাকক, দোকানৰ অৰ্দ্ধেক লাভ তুমি লবা, ময়ো কাৰখানাৰ অৰ্দ্ধেক লাভ লম। ইয়াত আকৌ কাজিয়া-পেচালৰ কি কথা আছে? যেনেকৈ চলি আছে, তেনেকৈয়ে চলি থাকক।

এয়াই সূত্রপাত।

প্রথমে বুজাই কোৱা, ইয়াৰ পাছত অলপ কটূ কথা। তাৰ পাছত মনৰ বিহ উজাৰ কৰা। এটর্ণি উকিলৰ অহা-যোৱা আৰম্ভ হ'ল।

এনেকৈয়ে চলি আছিল, এনেতে এনেকুৱা কাণ্ড।

যিটো ঘৰত মাধৱ থাকে, এমহলীয়া, চাপৰ ঘৰ। পোৱা যোৱা নাই বুলিয়ে এইটো ঘৰত উঠি আহিছে। ইয়াৰ উপৰিও ঘৰ নিৰ্মাণ হৈ আছে, এমহলীয়ালৈকে নিৰ্মাণ হলেই তালৈ উঠি যাব। এনেকুৱা জীৱন-মৰণ টনা-টনি অৱস্থা হব সেয়া কেতিয়াও ভবা নাছিল মাধৱে।

সিদিনা আছিল দেওবাৰ, আগতেই কৈছো। ছুটীৰ দিন, অলস দিন, সন্ধিয়া লাগো লাগো অৱস্থা, হঠাৎ লোডশ্বেডিং হৈ গ'ল।(এই অৱস্থা প্রাত্যহিক নাছিল, তথাপিও আছিল।) মাধৱৰ ধাৰণা হ, এনেকুৱা অৱস্থা সি কেতিয়াও ঘৰত বহি দেখা নাই, কাৰণ কৰ্মদিনত দোকানৰপৰা ঘৰলৈ ওভতোঁতে সদায় পলম হয়- আজি এবাৰ ঘৰৰ দুৱাৰমুখলৈ গৈ দেখা যাওঁক। আহি বাহিৰত থিয় দিলে। তেতিয়াও বোধহয় লেম জ্বলোৱাৰ সময় হোৱা নাই। মাধৱৰ দেহ মাটিত লুটি খাই পৰিল।

এতিয়াও ধাৰণা হয় ৰত্নাৰ, সিদিনা সন্ধিয়াৰ সেই ঘটনাটোৰ কথা ভাবিলে আজিও যেন মনৰ অৱস্থা কেনেবা হৈ পৰে। বিহ্বল? নাই নাই, আৰু বেছি কিবা-কিবি। ৰত্না তেতিয়া বেছ সৰু, দেউতাকৰ লগত ৰত্নাও বাহিৰলৈ আহি থিয় হৈছিল, দেউতাকৰ লুংগীৰ এটি প্রান্ত ধৰি।

ঘটনাটো কি হল- ভাবোঁতেই কিছু সময় পাৰ হৈ গ'ল ৰত্নাৰ। তেতিয়ালৈকে অৱশ্যে বহুতেই ওলাই আহিছিল। তাৰ পাছত পুলিচ ইত্যাদি।

কেশৱে খুব হাহাকাৰ কৰিলে। দোকানখন বিক্ৰী কৰি মোটা টকা আনি বৌৱেকৰ হাতত তুলি দিলে, কেনেকৈ টকা কামত খটুৱাব পৰা যায় সেয়াও শিকাই দিলে। মাথোন সেয়াই নহয়, ঘৰটো যথাসম্ভৱ নিৰ্মাণ হৈ যাওঁক, সেয়া সি নিজে তদাৰক কৰিলে। গৃহপ্ৰৱেশৰ দিনাও সি স্ত্রী-পুত্ৰলৈ হাজিৰ থাকিল ।

কোনেও কোনো ধৰণৰ অভিযোগ কৰিব নোৱাৰিলে। কেশৱৰ নিচিনা ভায়েক- আটায়ে ধন্য ধন্য কৰিলে!

মাধৱৰ এজনী মাথোন ছোৱালী, সেয়াই ৰত্না।

ৰত্না ডাঙৰ হৈছে, এম, এছ, চি পাছ কৰিছে, কলেজত চাকৰি কৰি আছে।

মাকে বিয়াৰ কথা তোলে, ৰত্নাই মাথোন কয়- নাই নাই, মা, এতিয়াও সময় হোৱা নাই।

ৰত্না সিদিনাৰ কথা পাহৰিব পৰা নাই, সেই অভিশপ্ত সন্ধিয়াৰ কথা।

দেউতাকৰ সেই অপঘাত মৃত্যুৰ প্ৰতিশোধ লব তাই, তাৰ আগতে আৰু কোনো কথা নাভাবে। এই কথা তাই কাকো কোৱা নাই, যাতে ঘাতক সতর্ক হৈ উঠিব নোৱাৰে। বাতৰি কাকততো এই বিষয়ে কোনো কথা লেখিব দিয়া নাই তাই।

অৱশ্যে মনত থকাৰ কথা নহয়। কবলৈ গ'লে পলকৰ কথা, সেইন ঘটনা। তথাপিও মনত আছে ৰত্নাৰ- পিস্তলৰ পোহৰ জ্বলি উঠাৰ মুহূৰ্ততে এটি আঙুঠিৰ ছবিত চকু পৰিছিল তাইৰ- মাজত যেন কিবা এটি পাথৰ, সেয়া তাই বুজিব পৰা নাছিল, মাথোন পাথৰৰ দুকাষে সৰু সৰু হীৰাৰ টুকুৰা চকুত পৰিছিল।

যিমানেই সৰু নহওঁক কিয়, তাৰ উজ্জ্বলতা অসাধাৰণ আছিল।

একো একোবাৰ ধাৰণা হয়, সেই বুলি কি হল- সেই সামান্য পাথৰৰ দ্যুতিয়ে তাইক বাট দেখুৱাব পাৰিব জানো?

কিন্তু আকস্মিকভাবেই ঘটনাৰ সংযোগ ঘটিল। কলেজৰ ছেমিনাৰত দ্বাৰভাঙালৈ যাব লগা হল তাই। মোকামা জংচনত তাই নামিছে, পাছৰ ট্ৰেইনত দ্বাৰ্ভাঙালৈ যাব। হঠাৎ তাইৰ চকুত পৰিল এজন মানুহ। অৱশ্যে আগতে মানুহজন নহয়, আগতে সেই পাথৰটো। মাজত ডাঙৰ মুকুতা এটি, আৰু দুকাষে দুটা হীৰাৰ টুকুৰা, সৰু সৰু।

চকু জ্বলি উঠিল ৰত্নাৰ।

ইমানদিন পাছত পালে! তেনেহ'লে দেউতাকৰ আত্মাই বাট দেখুৱাই দিলে নেকি ৰত্নাক!

কিন্তু যাৰ হাতত আঙুঠিটো সি দেখোন ঘাতকৰ দৰে নহয়!

মানুহজন যে বাঙালী তাত সন্দেহ নাই, বয়স পঁচিছৰ পৰা আঠাইছৰ ভিতৰত। অতি সুপুৰুষ আৰু সম্ভ্রান্ত ঘৰৰ কোনো সন্তান।

সম্ভৱতঃ কোনো গমত আহিছে বা আহিছিল।

পৰিচয়তো নায়েই, হঠাৎ কথাটো পাৰিলে বেয়া নেদেখাবনে বাৰু? অথচ....

নাই নাই, সময় নাই।

একেবাৰে সন্মুখলৈ আহি বহিল ৰত্না৷ পোনপটীয়াভাবে সুধিলে- বেয়া নাপাব, এই আঙুঠিটো আপুনি কৰপৰা পাইছে?

ভ্রূকুটি দেখা দিয়াটো স্বাভাৱিক।

লগে লগে ৰত্নাও সেই ভুলটো ধৰিব পাৰিলে।

একেবাৰে হাতযোৰ কৰিলে ৰত্না।

চাওঁক, কথাটো এইদৰে সোধাটো উচিত হোৱা নাই, সেয়া মই বুজিব পাৰিছোঁ, কিন্তু হঠাৎ আপোনাক দেখিলো, হাতত এই আঙুঠিটো- মোৰ যে ইয়াৰ লগত এটা ভয়ংকৰ- ভয়ংকৰ কথাটোত জোৰ দিয়ে কৈছো- স্মৃতি জড়িত হৈ আছে। সেয়ে......

নৰম হল ভদ্রলোক। কলে- মই অৱশ্যে সিমান নাজানো, বলৈ গ'লে একোৱে নাজানো। এটা মোকদমা সংক্রান্তত আহিছো, মই অলপতে ওকালতি আৰম্ভ কৰিছো- আহিছিলোঁ ভাগলপুৰত এগৰাকী উকিলৰ ওচৰলৈ, মোকদমাৰ প্ৰসংগত কথা কৈ থাকোঁতে উকিল বাবুই কলে- আপোনাৰতো টকা আছে, এটি আঙুঠি কিনিব নেকি? অতি মহাৰ্ঘ আঙুঠি, পানীৰ দামত বিক্ৰী কৰিব বিচাৰিছে এজনে। এই উর্দু বজাৰৰ মাজতেই- এহাজাৰ টকা দিলেই হ'ব।

তাৰ মানে চোৰাং মাল?

হয়, এইবোৰ আঙুঠি চুৰি বা খুনা-খুনী হৈয়ে আহে। তাত আপোনাৰ কি আহে যায় ! আপোনাৰ চখ আছে যদি কিনক, মই জিম্মাদাৰ।

চখ হল। লৈ আহিছো। ইতিহাস এইখিনিয়ে।

ৰত্নাই কলে- আঙুঠিটোত মোৰ লোভ নাই, এইটো সর্বনাশী আঙুঠি। মই সেই মানুহজনক বিচাৰি আছো। তাৰ সন্ধান কত পাম?

সেয়া অৱশ্যে মই নাজানো। যাব নেকি? মোৰো খুউব কৌতূহল হৈছে।

তেনেহ'লে মই বাচি যাওঁ। বলক, লক......

উৰ্দু বজাৰলৈ গৈ উকিল বাবুক লগ ধৰাত তেওঁ ক'লে- কোনে দিছে নাজানো, এয়া এক হাত বাগৰি আহিছে নেকি? তথাপিও চাওঁ কি কৰিব পাৰোঁ...।

এজনক মাতি পঠিয়ালে। তাৰ নাম দিলমহম্মদ, প্ৰাণৰ ভয়ত কঁপি কঁপি আহিল। তাক আঙুঠিৰ বিষয়ে সোধাত সি কান্ধি কান্দি কলে- মই একো নাজানো, হুজুৰ। সেই গুৱালে কলে তাৰ কোনোবা আত্মীয় হয়......

ঠিক আছে, তাক তুমি আনিব লাগিব। গুৱালক কবা, এয়া কোনো আহুকলীয়া বিষয় নহয়, এটা ঠিকনা জানিব বিচাৰিছোঁ।

এইবাৰ গুৱালে আন এজনক লগত লৈ আহিল। তাৰো কান্দো কান্দো অৱস্থা। কলে- বাবু, এজন বাঙালী মানুহ মোৰ ওচৰলৈ আহি লে, মই এইটো কম দামতে পাইছোঁ, যিজনে বিক্ৰী কৰিছে সি বোধকৰোঁ এইটো চোৰাং মাল হিচাপে পাইছিল- কৈছে, মই কাশীলৈ গুচি যাম, তাত যদি কোনো কাম পাওঁ! মোকতো কোনেও বিশেষভাবে নিচিনে-- তুমিয়ে যি হয় দিয়া। মই বহুত টানি-টুনি চাৰিশ টকা দিছিলো। বাবু চাহাব, তাৰ পাছত এই হাত বাগৰি বাগৰি...

উকিল বাবুই কলে- তুমি সঠিককৈ জনা নেকি যে সি কাশীলৈকে গৈছে?

সেয়া কেনেকৈ জানিম, বাবু! হয়তো অইন কোনো ঠাইলৈকো যাব পাৰেএইদৰে কৈয়ে হঠাৎ কলে- এবাৰ মাথোন কৈছিল, বাৰু, দ্বাৰভাঙালৈ যাবলৈ হ'লে কোনখন গাড়ীত উঠিব লাগিব? অৱশ্যে এতিয়াই নাযাওঁ- তাত মোৰ এজনী ভনী আছে- যিযে হওঁক, পাছত কেতিয়াবা যাব বাৰু।

দ্বাৰভাঙা চহৰ?

সেয়া কব নোৱাৰিম। অৱশ্যে বাঙালী মানুহ দ্বাৰভাঙা চহৰতে বেছি।

দেৱেশ আৰু ৰত্নাই পলম নকৰিলে। ৰত্নাতো দ্বাৰ্ভাঙালৈকে যোৱাৰে কথা। দেৱেশৰ কৌতূহল আৰু সংশয় আঙুঠিটোলৈ। উকিল বাবুই জোৰকৈ খোৱাই-বোৱাই ৰাতিৰ ট্ৰেইনতে তুলি দিলে।

দেৱেশৰ দূৰ সম্পৰ্কীয় এজন আত্মীয় থাকে দ্বাৰভাঙাত। নন্দবাবু। তেৱোঁ উকিল। দেৱেশহঁত প্রথমে তালৈকে গ'ল।

আৰে, আহক, আহক, কি ভাগ্য মোৰ! এইদৰে কৈ ৰত্নাহঁতক লৈ সন্মুখৰ ডাঙৰ বাৰাণ্ডাত বহিল নন্দবাবু। প্ৰৱাসী বাঙালীসকল সাধাৰণতে অতিথিপৰায়ণ হয়। উকিল বাবুই তাৰ পৰাই ৰিঙিয়াই মাতি ক'লে- হেৰা, শুনিছানে, দেৱেশহঁত আহিছে, আগতে চাহ দিয়া, চাহৰ আগতে হাত-মুখ ধোৱাৰ কাৰণে পানী পঠিয়াই দিবা- পলম নকৰিবা।

দেৱেশে কলে- কি বিপদ, এনেকৈ হৈ-চৈ কৰিব বুলি জানিলে, নাহিলোঁহেঁতেন!

নিশ্চয়! উকিল হৈছে বুলি এনেকৈ নাহিলহেঁতেন বুলি কৈ দিলে। ইমান অধৈৰ্য হৈছে কিয়? এওঁ? বিয়া হৈছে, নে হ? ৰত্নাৰ ফালে আঙুলিয়াই সুধিলে উকিল বাবুই।

দেৱেশে কলে- সঁচাকৈয়ে, এই কাৰণেই কয় গ্ৰাম্য। একেবাৰে কৈ দিলে। একো নহয়। এওঁ এটি বস্তুৰ কাৰণে খুব ব্যগ্র। মোকামা জংচনত পৰিচয়, এওঁৰ কাৰণেই উজনিলৈ আহিব লগা হল- বেলেগ কাৰণ নাই।

নন্দবাবু অলপ অপ্রস্তুত হ'ল।

যিয়ে নহওঁক কিয়, চাহ আহিল, লুচি তৰকাৰী আহিল, মিঠৈ আহিল। হাত-মুখ ধোৱাৰ ক্ষেত্ৰতো অসুবিধা নহ'ল।

ইয়াৰ মাজতে আঙুঠিটোৰ কথা উঠিল।

সকলো কথা শুনি নন্দবাবুই ক'লে- বিপদত পেলালে, এতিয়া দ্বাৰবাঙা আগৰ দৰে সিমান সৰু নহয়। তদুপৰি নতুনকৈ আহিছে- ভনীয়েকৰ ওচৰলৈ ! মাথোন এইখিনিয়ে জানে। চাওঁ, কি কৰিব পাৰো!

বহু পলম হল। নন্দবাবুই তিনি চাৰিজন মানুহ লগাই দিলে। তাতো সময় লাগিল। গা ধুই উঠিও উদ্বিগ্ন বহি থাকিল ৰত্না। এইদৰে উদ্বিগ্নতা লৈ ছেমিনাৰৰ আলোচনাত যোগদান কৰিও লাভ নহ'ব। ইফালে এই ভদ্রলোকজনক লগত লৈ অহা। সিফালে খৰচো লোৱা নাই-তদুপৰি এই আতিথেয়তা! খুবেই লাজত পৰিল ৰত্না।

অৱশ্যে আবেলিৰ ভাগত সেই মানুহজনক পোৱা গ'ল। হয়, মানুহজন ভনীয়েকৰ ঘৰলৈকে আহিছে। সেয়াও নেকি বহুদিন পাছত- ভনীয়েকৰ বিয়াৰ পাছত কবলৈ গ'লে এই প্রথমবাৰ।

যিজন মানুহ আহিল, মজলীয়া গঠনৰ। অৱশ্যে বেছ নিৰ্ভীক ধৰণৰ মানুহ। বেলেগৰ দৰে কঁপি কঁপি অহা নাই।

ৰত্নাই লক্ষ্য কৰিলে, বাঙালী হলেও উচ্চাৰণ এই অঞ্চলৰ বাসিন্দাসকলৰ দৰে।

প্রথম প্রশ্নটো নন্দবাবুই কৰিলে।

উকিল মানুহ। দেখিয়ো বুজিব পাৰিলে নিৰ্ভীক মানুহ। সেইভাবেই কথা পাতিলে

তুমি বোপা, এই আঙুঠিটোৰ কথা কি জানা?

অৱশ্যেই জানো, ইয়াৰ বহু কাহিনী। আপোনালোকৰ কোনোবাই শচীদুলাল বাবুক চিনিছিল নেকি?

নাই নাই, কোন শচীদুলাল? কোৱাচোন শুনো।

আপোনালোকৰ অৱশ্যে জানিবৰো কথা নহয় । সেইবোৰ এৰক। তেওঁ কলিকতাৰ মানুহ, লেখা-পঢ়া জানে। আপোনালোকে কলিকতাৰে আন এজন কেশৱ বাবুক চিনে নেকি? শুনিছো মস্ত ব্যৱসায়ৰ মালিক!

অৱশ্যেই জানো।মোৰ জেঠা হয়। তেওঁ ইয়াৰ মাজতে... ৰত্নাই উৎকণ্ঠা বিস্ময়ত কথা শেষ কৰিব নোৱাৰিলে।

মুখত চু চুশব্দ কৰি মানুহজনে ক'লে- সেয়া যিয়ে হওঁক, কথাটোতো কবই লাগিব। বাৰু, আগতে শচীদুলালৰ কথাকে কওঁ শুনক। শচীদুলাল ভৱানীপুৰৰ মানুহ- লেখা-পঢ়া জনা মানুহ, টকা-পইচাও আছিল। বিয়া-বাৰুও কৰাইছিল- কিন্তু এনেকুৱা কিছু মানুহ থাকে, যিসকলে অধঃপতনলৈকে নামিব বিচাৰে। প্ৰথমটো আৰম্ভ হল জুৱাখেলৰ জৰিয়তে। ঘোঁৰাদৌৰতো আছেই, তদুপৰি নানা ধৰণৰ অধঃপতনৰ কাম আৰম্ভ কৰিলে। ফলত বাজে ধুন্ধৰ লোকৰ সান্নিধ্যলৈ আহিল। ঘৰত সুন্দৰী স্ত্ৰী, অথচ এজনী কলা, ধুমা তিৰোতা মানুহক লৈ দিন কটায়। ইয়াৰ লগত আনুসংগিক সকলো আছে, এনেকুৱা মানুহ অধঃপতনৰ কাৰণে ব্যস্ত হবই।

টকা নাথাকিলে শচীদুলাল টকাৰ কাৰণে নানা ধৰণৰ কাৰ্চাজি কৰি ঘূৰি ফুৰে। ফলত এফালে যেনেকৈ সকলো ধৰণৰ নিচাত অভ্যস্ত , সিফালে তেনেকৈ সকলো ধৰণৰ পাপতো। আপোনালোকৰ কেশৱ বাবু এই ধৰণৰ মানুহই বিচাৰি আছিল। শচীক মাতি আনি কলে- চোৱা, তুমি নেকি সকলো ধৰণৰ কু-কৰ্ম কৰি ঘূৰি ফুৰা। মানুহ হত্যা কৰিব পাৰিবা নেকি? শচীয়ে কলে, হয় নিশ্চয় পাৰিম। এইটো অৱশ্যে আজিলৈকে কৰা নাই। মোটা টকা পালে অৱশ্যে এইটোও আৰম্ভ কৰিব পাৰিম।

কিমান লাগিব? কেশৱ বাবুই সুধিলে।

দহ হাজাৰ লাগিব। আৰু পাঁচ বটল বিলাতী হুইক্সি।

নাই নাই, ইমান দিব নোৱাৰিম। পাঁচ হাজাৰ পাবা আৰু সকলো ধৰণৰ প্রোটেকশ্বন'

এইদৰে বোলে বহু সময় দৰা-দৰি চলিল। শেষত গৈ ৰফা হল- বেয়া নাপাব বাবু, এয়া সেই শচীদুলালৰ মুখত শুনাছহাজাৰ টকা। এটা ভিলভাৰ আৰু কেশৱ বাবুৰ হাতৰ এই আঙুঠিটো বিচাৰিলে। কেশৱ বাবুই দৰা-দৰি কৰিছিল আঙুঠিটোলৈঅলপতে নেকি কোনো বিলাতীবাবুৰ পৰা কিনিছিল আঢ়ৈ হাজাৰ টকাত- কিন্তু শচীৰো সেই এক কথা, আঙুঠিটো নহ'লে নহব। অৱশেষত এই আঙুঠিটো খুলি দিব লগা হল কেশৱ বাবুই।

তাৰ পাছত যি ধাৰণা হয়- আপোনাৰ আত্মীয়ক খুন কৰিবলৈ হয়তো এটা মিনিটো লগা নাছিল শচীৰ, ইয়াকে লৈ যিমানে হৈ-চৈ নহওঁক কিয়, শচীক কোনেও খুনৰ লগত সাঙুৰিবপৰা নাছিল। অৱশেষত সাঙুৰিলে কেশৱ বাবুই। এয়াই শচীৰ সন্দেহ। এনেকুৱা হব বুলি অৱশ্যে শচীদুলালে কেতিয়াও ভবা নাছিল। কেশৱৰ মানুহ আছিল। বেলেগ এটা কেচত শচীক ফচাই দিলে- শচীৰ জীৱনত অগণন ছিদ্ৰ আছিল- পুলিচো একেবাৰে প্ৰস্তুত হৈ আছিল- মোকদমা সজোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ খুঁত নাছিল- শচী জেললৈ গ'ল ছবছৰৰ কাৰণে৷ আৰু মই তাৰ মুখত সকলো শুনি যি বুজিলো, সি আৰু বাহিৰৰ বতাহত উশাহ লোৱা সম্ভৱ নহ'ব।

দেৱেশে স্থিৰভাবে সকলো শুনি ক'লে- এইবোৰ তুমি জে'লৰ মাজতে শুনিছা, নহয়নে?

হয় হুজুৰ, মিছা নামাতোঁ। ভাল কিবা কৰিবলৈ গৈ বেয়া বাটত ভৰি থৈছিলো। মই অৱশ্যে জেললৈ গৈছিলো শচীৰ জেল হোৱাৰ বহুদিন পাছত। মোৰ শাস্তিও হৈছিল কম- আঢ়ৈ বছৰ।

কিন্তু তুমি আঙুঠিটো পালা কেনেকৈ?

কৈছোঁ ৰ, মই তাৰ দৰে পেচাদাৰ বদমাচ নাছিলোঁ। কিছু ভুলৰ কাৰণে এইটো হৈছিল- সেয়া যি কাৰণতেই নহওঁক কিয়, এনেয়ে বাবু মই নিৰ্বিৰোধী মানুহ, সি এদিন মোক নিভৃতে মানি নি কলে- চোৱা, মোৰ যি শৰীৰ অৱস্থা, বহুবিধ অত্যাচাৰ চলাইছোঁ এই শৰীৰ ওপৰত- বেছিদিন জীয়াই নাথাকো, যদিওৱা জীয়াই থাকোঁ, কেশৱ বাবুই হয়তো বেলেগ ফান্দত পেলাব। পুলিচে তাৰ পৰা পইচা খাই বহি আছে। তোৰ প্ৰতি মোৰ একপ্ৰকাৰ ভালপোৱা উপজিছে। মোৰ আটাইতকৈ চখৰ বস্তু এই আঙুঠিটো, দামী নহয় বুলি, বিলাতী চেটিং, এনেকুৱা আঙুঠি মই জীৱনত কেতিয়াও দেখা নাই- কেশৱ বাবুৰো খুব চখৰ বস্তু আছিল, মাথোন আঙুলিত দিছিলহে, তেনেতে মই জোৰ কৰি আদায় কৰিছিলো। কেশৱ বাবুই ভাবিছিল, জেলত ভৰোৱাৰ সময়ত কাঢ়ি লব- সেয়া পৰা নাই, বহু পেঁচ শিকিছোঁ বদমাচসকলৰ লগত থাকি- সেয়ে এইটো নিব পৰা নাই।... অথচ মোৰ ভোগত নালাগিল, এইটো অভিশাপৰ আঙুঠি। তই এইটোলৈ যদি কোনোমতে ওলাই যাব পাৰ, যিমান সোনকালে পাৰ বিক্ৰী কৰি দিবি, যিয়ে নোপোৱা কিয়।

সঁচাকৈয়ে শচীবাবু সৰহদিন জীয়াই নাথাকিল৷ মই জেলৰপৰা ওলোৱাৰ দুমাহমান আগতে ঢুকাল। মোৰো খুব ভয় লাগিছিল, সেয়ে ম‍ই কলিকতাত বিক্ৰী কৰিবলৈ চেষ্টা কৰা নাই, গুচি আহিলো ভাগলপুৰলৈ- যিবোৰ পাৰাত এইবোৰ কথালৈ অসুবিধা নহ, তেই এইটো বিক্ৰী কৰিছোঁ আৰু যি পাইছো, তাকে লৈছোঁ। এয়াই মোৰ কথা। এতিয়া আপোনালোক মালিক।

এইদৰে কৈ মানুহজন ৰৈ গ'ল।

তাক একো কব লগা হোৱা নাছিল আৰু তাৰ কোনো প্রয়োজনো নাছিল।

ঘটনাৰ আঁতিগুৰি শুনাৰ পাছত দেৱেশে আঙুঠিটো খুলি ৰত্নাৰ হাতত তুলি দিলে।

আঙুঠিটো লৈ ৰত্না আৰু দেৱেশ সিদিনাই ৰাওণা হল।

দেৱেশে যি মূল্যত আঙুঠিটো কিনিছিল ৰত্নাই তেওঁক সেই মূল্যই দিব খুজিছিল; কিন্তু দেৱেশে নললে। কলে- এতিয়া থাকক, পাছত দিব। মইতো আপোনাৰ লগতে আছো, যৱনিকা নপৰালৈকে।

কলিকতালৈ অহাৰ এদিন পাছত দেৱেশক লগত লৈ ৰত্না জেঠাকহঁতৰ ঘৰলৈ আহিল।

এয়া যেন এতিয়া একপ্ৰকাৰ স্বতঃসিদ্ধ হৈ গৈছে, উভয়ে একেলগে যাব লাগিব এই সংক্রান্তত।

জেঠাকহঁতৰ ঘৰ। কোনেও একো ক'ব নোৱাৰে। আটায়ে অভ্যর্থনা জনালে, মাথোন দেৱেশ সম্পর্কে সামান্য জিজ্ঞাসা আৰু প্ৰশ্ন থাকি 'ল আটায়েৰে মনত।

ৰত্নাই সুধিলে- জেঠা ক?

কিছুদিনৰপৰা তেওঁৰ গা ভাল নহয়, ডাক্তৰ আহিছে। তুমি যোৱাচোন, তুমি যাবা, তাতনো আৰু কি অসুবিধা আছে?

ৰত্নাৰ চকুৰ ইংগিতত দেৱেশো তাইৰ লগত যাব লগা হ'ল৷ দেৱেশ সম্পর্কে আটায়েৰে চকু-মুখত প্রশ্ন ফুটি উঠিল। কিন্তু ৰত্নাই একো নক'লে।

কেশৱ বাবুৰ ঘৰত প্ৰৱেশ কৰি কোনো ধৰণৰ সম্ভাষণৰ অৱকাশ নিদিলে ৰত্নাই। আঙুঠিটো বেগৰপৰা উলিয়াই পোনপটীয়াভাবে প্রশ্ন কৰিলে- জেঠা, আপোনাৰ এটা চখৰ বস্তু আছে, ইমানদিন আপুনি ব্যৱহাৰ কৰিবপৰা নাই- এয়া সেই আঙুঠিটো, দেউতাক হত্যা কৰাবলৈ গৈ টকাৰ লগত এই আঙুঠিটোও দিব লগা হৈছিল শচীদুলালক, তাৰ মৃত্যুৰ পাছতো আপুনি আঙুঠিটো বিচাৰি পোৱা নাই। ভায়েকৰ জীৱনৰ বিনিময়ত টকাৰে যি মূল্য দিব লগা হৈছিল, তাৰ লগত এই আঙুঠিটোও আছিল, নহয়নে?

কেশৱ বাবুই কম্পিত কণ্ঠত কলে- এয়া, এয়া তই কি কৈছ? এই মানুহজন কোন?

প্রত্যুৎপন্ন বুদ্ধিসম্পন্না ৰত্নাই কলে- এওঁ পুলিচৰ মানুহ৷ এওঁলোকৰ ওচৰত সকলো কাগজপত্র আছে- অৱশ্যে এই অৱস্থাত আপোনাক লৈ যোৱা সম্ভৱ নহ'ব।

কেশৱ বাবুই উঠি থিয় হবলৈ চেষ্টা কৰোঁতেই ঢলি পৰিল।

সি আৰু উঠিব নোৱাৰিলে। হয়তো আৰু নোৱাৰিবও কোনোদিন।

আঙুঠিটো তাৰ সন্মুখত মজিয়াত পৰি গ'ল। ৰত্নাই ভৰিৰ জোতাৰে গচকি গুড়ি কৰি পেলালে আঙুঠিটো।

(গণ অধিকাৰত প্ৰকাশিত)

 

                      সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)