জীৱন নৈৰ সুঁতি(উপন্যাস)

জীৱন নৈৰ সুঁতি
(উপন্যাস)

                     এক

হেৰি, কোন আছে ভিতৰত? অনুগ্ৰহ কৰি দুৱাৰখন খোলক । হঠাৎ কোনোবাই দুৱাৰত টুকুৰিয়াই অনুচ্চসুৰত অৰ্ণৱক কাতৰ অনুৰোধ জনালে। নাৰীকণ্ঠ। কণ্ঠস্বৰত প্ৰচ্ছন্ন আতংক

শীতকাল। কেইদিনমনাৰপৰা যথেষ্ট ঠাণ্ডা পৰিছে। দুদিনমানৰপৰা হিমাংক বিছ ডিগ্ৰীৰ তলত নামিছে।

অর্ণৱে মূৰলৈকে লেপ জাপি আইনৰ কিতাপ পঢ়ি আছিল। কিতাপখন জপাই সি সবিস্ময়ে দুৱাৰৰ ফালে চালে। কোন আহিব পাৰে এই ৰাতিখন! তদুপৰি নাৰীকণ্ঠ। এইখন নগৰত সি সাত-আঠ বছৰ ধৰি আছে যদিও তাৰ তেনে কোনো পুৰুষ মানুহৰ লগতে পৰিচয় নাই, তিৰোতা মানুহৰ লগত পৰিচয়তো দূৰৰে কথা ! নাই নাই, সেইবুলি সি নীৰস প্ৰকৃতিৰ মানুহ নহয়। আচলতে পৰিচয় হোৱাৰ সুযোগ বা অৱসৰে নাই তাৰ । সি দেৱাল ঘড়ীটোলৈ চালে । দহ বাজি গৈছে কেতিয়াবাই।

সি থকা ঠাইডোখৰ অভিজাত কলনিৰ পিছফালে থকা এডোখৰ নিৰ্জন এলেকা। মহানগৰীৰ কোলাহলৰপৰা সম্পূৰ্ণৰূপে মুক্ত ৷ বসতিও সেৰেঙা। ফলত ৰাতি দহোটা মানে দুপৰ নিশা

চৌহদত আন কিছুমান ভাড়াতীয়া আছে যদিও আটায়ে দিন হাজিৰা কৰা মানুহ। দিনত হাড়ভঙা পৰিশ্ৰম কৰাৰ ফলত ৰাতি ন বা দহ বজাৰ ভিতৰতে খাই-বই শুই পৰে। তদুপৰি চৌহদটোত পুৰুষ মানুহৰ বাহিৰে কোনো তিৰোতা মানুহ নাই

সি থকা ঘৰটো দুটা কোঠালি বিশিষ্ট এটি সৰু পকীঘৰ। এটা কোঠালিত সি থাকে আৰু আনটো পাকঘৰ হিচাপে ব্যৱহাৰ কৰে । আগতে তাৰ লগত অভিজিৎ নামৰ ৰাজমিস্ত্ৰি এজন আছিল। ডাঙৰ ঠিকা এটা পাই সি দুমাহ আগতে বেলেগ ঠাইলৈ গুচি গৈছে। ফলত দুমাহমানৰপৰা সি অকলেই আছে কোঠালিটোত।

সি থকা ঘৰটো আন আন ভাড়াতীয়া সকলৰপৰা অলপ আঁতৰত। ঘৰটো পকী কাৰণে ভাড়াও বেছি। তাৰ সামৰ্থ সীমিত যদিও লেখা- পঢ়াৰ সুবিধাৰ কাৰণে সি পকী ঘৰটো লৈছে। কাৰণ সি বিভিন্ন কাম কৰাৰ সমান্তৰালভাবে লিখা-পঢ়া অব্যাহত ৰাখিছে। মেট্ৰিকৰপৰা স্নাতকলৈকে সি প্রাইভেট পৰীক্ষাৰ্থী হিচাপে উত্তীৰ্ণ হৈছে। বৰ্তমান সি আইনৰ স্নাতক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

পুনৰ কাতৰ অনুৰোধৰ সুৰ ভাহি আহিল- হেৰি, কোন আছে ভিতৰত? অনুগ্ৰহ কৰি দুৱাৰখন খোলক না।

অর্ণৱে চেষ্টাকৃত উষ্মা মিহলি কণ্ঠত সুধিলে- কোন আপুনি? কি সকামত আহিছে এই ৰাতিখন?

লগে লগে দুৱাৰৰ সিপ্ৰান্তৰপৰা কাতৰ অনুৰোধৰ সুৰ ভাহি আহিল- মোৰ নাম বিপাশা। অনুগ্ৰহ কৰি দুৱাৰখন খোলক। ম‍ই বৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছো।

নামটো শুনি অৰ্ণৱ সজাগ হৈ উঠিল৷ তাৰ চিনা-জনাৰ ভিতৰত দুই-চাৰিজনী ছোৱালী আছে যদিও বিপাশা নামৰ কোনো ছোৱালী নাই সেই দুই-চাৰিজনীৰ ভিতৰত । ইফালে যি দিন-কাল পৰিছে, কোনে কেতিয়া কি মতলব লৈ আহে তাৰ একো ঠিক নাই। নিৰ্ভেজাল নাৰীকণ্ঠকোনো পুৰুষে এনেকৈ নাৰীকণ্ঠ নকল কৰা সম্ভৱ নহয় ৷

অৰ্ণৱ এজন অট' চালক ৷ আগতে সি ভাড়াৰ অট' চলাইছিল। ছমাহমান আগতে বেংকৰপৰা ঋণ লৈ সি অটখন লৈছে। অটখন লোৱাৰ ক্ষেত্ৰত তাৰ ৰোমমেট অভিজিতে তাক সৰ্বোতোপ্ৰকাৰে সহায় কৰিছে। কাৰণ অভিজিতৰবেংকৰ কৰ্মচাৰী এজনৰ লগত চিনা-জনা আছে। সেই পৰিচয়ৰ সুত্ৰ ধৰিয়ে অভিজিতে বেংকৰপৰা অটখন লৈ দিছে। গতিকে কোনোবাই অট' বিচাৰিও আহিব পাৰে বুলি সি ভাবিলে। কিন্তু সি কথাটো একেষাৰে নাকচ কৰিলে ৷ কাৰণ এই ৰাতি কোনো নাৰীয়ে অট' বিচাৰি অহা সম্ভৱ নহয়৷ কাৰণ আগতেই কোৱা হৈছে, অঞ্চলটো একেবাৰে আওহতীয়া । বসতি গঢ়ি উঠিবলৈ আৰম্ভ হৈছেহি মাথোন ৷ এনেস্থলত কোনো নাৰীয়ে অট' বিচাৰি অহা সম্ভৱ নহয়। পুৰুষ হলে অৱশ্যে কথাটো সুকীয়া আছিল ।

অৰ্ণৱ বিছনাৰ পৰা নামি সন্তর্পণে দুৱাৰৰৰ ফালে আগবাঢ়ি গ'ল। ছিটকনিডালত হাত থৈ সি কেইচেকেণ্ডমান থৰ হৈ ৰ'ল।

সোনকাল কৰক । মই বৰ বিপদত পৰি আহিছো।- আগন্তুকে পুনৰ দুৱাৰ খুলিবলৈ অনুৰোধ জনালে।

আগন্তুকৰ আকৃতিভৰা কণ্ঠৰ আবেদনত অৰ্ণৱৰ মনৰপৰা ভয়, শংকা আঁতৰি গ'ল। ভয়ৰ ঠাইত জাগি উঠিল কৌতূহল। সি ছিটকনিটো খুলি দুৱাৰখন অকনমান ফাঁক28কৰি বাহিৰলৈ জুমি চালে। বাহিৰত ঘোপমৰা অন্ধকাৰ । অন্ধকাৰৰ মাজত বগা কাপোৰ পৰিহিতা তিৰোতা এজনী থিয় দি থকা তাৰ চকুত পৰিল । তিৰোতাজনীৰ বয়স সি অনুমান কৰিব নোৱাৰিলে যদিও তিৰোতাজনী যে কম বয়সীয়া এই কথা উপলদ্ধি কৰিবলৈ তাৰ অসুবিধা নহ'ল।

অর্ণৱে অপেক্ষাকৃত শান্ত কণ্ঠত সুধিলে- কোন আপুনি? এই ৰাতিখন কি সকামত আহিছে?

অৰ্ণৱৰ প্ৰশ্নত তিৰোতাজনীয়ে বিব্রতবোধ কৰিলে যদিও নিজৰ প্ৰয়োজনৰ তাগিদাত ভয় বিহ্বল কৰুণ সুৰত ক'লে- মোক আগতে ভিতৰলৈ সোমাবলৈ দিয়ক। ভিতৰলৈ গৈয়ে মই সকলো কথা খুলি ক'ম আপোনাক ।

তিৰোজনীৰ কৰুণ আবেদনত লাজ পাই অর্ণৱে দুৱাৰখন সম্পূর্ণভাবে খুলি দি একাষৰীয়া হৈ থিয় কৈ ক'লে- আহক, ভিতৰলৈ সোমাই আহক ৷

অৰ্ণৱৰ কথা শেষ হ'বলৈ নৌপাওঁতেই তিৰোতাজনীয়ে তাক একপ্ৰকাৰ ঠেলিয়ে ভিতৰলৈ সোমাই আহিল।

লেমৰ পোহৰত অৰ্ণৱে তিৰোতজনীক ভালদৰে দেখাৰ সুযোগ হ'ল। উকা কপাল। সাধাৰণ বগা সাজ-পাৰ। দীর্ঘাংগী। লাৱণ্যময়ী। বয়স পঁচিছ ছাব্বিছৰ ভিতৰত। মূৰত বেণ্ডেজ। মুখমণ্ডল ভয়ত বিবর্ণ। চকুত ভয়-বিহ্বল দৃষ্টি। তাই এবাৰৰ কাৰণে বাহিৰলৈ জুমি চাই কম্পিত হাতেৰে দুৱাৰখন জপাই দুৱাৰখনত পিঠিৰে ভেজা দি থিয় হৈ বুকুৰ পৰা কপাললৈ তিনিবাৰ হাত সঞ্চালন কৰি স্বগতোক্তি কৰিলে- আজি কোনোমতে ৰক্ষা পৰিলোঁ

তিৰোতাজনীৰ কথাই অৰ্ণৱৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। কাৰণ তিৰোতাজনীৰ আচহুৱা আচৰণত সি ইতিমধ্যে মনে মনে কিছু ক্ষুণ্ণ হৈ উঠিছিল। ক'ৰ মানুহ, কি বতৰা একো ঠিক নাই। অথচ ভিতৰলৈ সোমাই আহিয়ে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দুৱাৰখন বন্ধ কৰি দিলে! যি দি-কাল পৰিছে কোনে কি মতলব লৈ আহে তাৰ গম-গতি ধৰাই টান। চোৰ, বদমাচ বা কোনো ডকাইতৰ দলৰ সদস্যওতো হ'ব পাৰে! আজিকালি ডকাইত দলৰ লগত মহিলা সদস্য জড়িত থকাৰ কথা সততে কাকতে-পত্ৰে পঢ়িবলৈ পোৱা যায়। তিৰোতাজনীয়ে তাৰ লগত ফষ্টিনষ্টি কৰাৰ ছেগতে যদি ডকাইতৰ দলটো আহি পৰে? কিন্তু তাৰ আছেনো কি অট'খনৰ বাহিৰে? আজি-কালি গাড়ী চোৰৰতো অভাৱ নাই! দুই এখনকৈ গাড়ী চোৰৰ ঘটনা প্ৰায়ে পোহৰলৈ অহা দেখা যায় । তাৰ অটখন জোৰ- জৱৰদস্তি কাঢ়ি নিবলৈ এনেকৈ অহা নাইতো তিৰোতাজনী? কথাষাৰ ভবাৰ লগে লগে তিৰোতাজনীৰ প্ৰতি বিৰক্তিত তাৰ মন কোঁচ খাই গ'ল। সেয়ে সি বিৰক্তি মিহলি কণ্ঠত কলে- কোন আপুনি? এনেকৈ দুৱাৰ বন্ধ কৰিছে কিয়?

তিৰোতাজনীয়ে অৰ্ণৱৰ বিৰক্তি আৰু উদ্বেগৰ কাৰণ উপলদ্ধি কৰিব পাৰি ক'লে- আপুনি চাগে বৰ আচৰিত হৈছে, নহয় নে? অৱশ্যে আচৰিত হবৰে কথা। তিৰোতাজনীয়ে এইদৰে কৈ অৰ্ণৱৰ অনুমতি লৈ অপেক্ষা নকৰি দুৱাৰৰ পৰা আঁতৰি আহি ওচৰতে থকা চকীখনত গুৰিকটা গছৰ দৰে ধুপুচ্কৈ বহি পৰিল। তাৰ পাছত সেপ ঢুকি সংকোচিতভাবে কলে- আপুনি মোক পানী এগিলাচখোৱাব পৰিব নেকি?

পানীৰ কথা শুনি অৰ্ণৱ ব্যস্ত হৈ উঠিল। কলে- নিশ্চয় পাৰিম। আপুনি অকনমান বহক, মই পানী আনি আছো ৷

অর্ণৱে পানী এগিলাচ আনি তিৰোতৈাজনীৰ ফালে আগবঢ়াই ক'লে- এয়া লওঁক, পানী খাওঁক ।

তিৰোতাজনীয়ে একে উশাহে পানীখিনি খাই গিলাচটো মজিয়াত নমাই থৈ শাড়ীৰ আঁচলেৰে মুখখন মচি কলে- আপুনি দেখোন থিয় দিয়ে থাকিল। বহক। উৎকণ্ঠিত নহ'ব। মই কোনো চোৰ, বদমাচ নহওঁ

অর্ণৱে থিয় দিয়ে তিৰোজানীৰ আলেখ-লেখ প্ৰত্যক্ষ কৰি আছিল। সি তিৰোতাজনীৰ কথাত লাজ পাই ক'লে- বহিম বাৰু। আগতে কওঁকচোন, এই ৰাতিখন কি উদ্দেশ্য লৈ আহিছে মোৰ ওচৰলৈ?

তিৰোতাজনীয়ে অৰ্ণৱক নিশ্চয়তা প্ৰদানৰ কাৰণে ক'লে- সকলো ক'ম । তাৰ আগতে মোক অকনমান জিৰাই ল'বলৈ দিয়ক। এইদৰে কৈ তিৰোতাজনীয়ে ভয়-বিহ্বল দৃষ্টিত বাহিৰৰ ফালে চাই অনুৰোধৰ সুৰত ক'লে- মোৰ কথা শুনাৰ আগতে আপুনি বাহিৰত কোনোবা ৰৈ আছে নেকি অকনমান চাই আহিব নেকি? কাৰণ মই বৰ্তমান খুবেই নিৰাপত্তাহীনতাত ভুগিছোঁ।

অৰ্ণৱ নিজেও বাহিৰলৈ ওলাই যোৱাৰ বাবে ছেগ বিচাৰি আছিল। কাৰণ তাৰ অটখন বাহিৰত আছে। তিৰোতাজনীয়ে তাক এইদৰে কথাৰ মায়াজালেৰে আৱদ্ধ কৰি ৰাখি তাইৰ কোনোবা সংগীৰ হতুৱাই অটখন চুৰি কৰাই নিয়াব পাৰে বুলি তাৰ মনত সন্দেহ উপজিছিল। সেয়ে সি কোনো ধৰণৰ আপত্তি নকৰাকৈ যন্ত্রচালিত মেচিনৰ দৰে বাহিৰলৈ ওলাই আহিল। প্ৰথমে সি তাৰ অটখনৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। অটখন সি যথাস্থানতে ৰৈ থকা দেখি স্বস্তিৰ নিশ্বাস পেলালে। তাৰ পাছত যিমানদূৰ সম্ভৱ কেউফালে দৃষ্টি বুলালে। বাহিৰত ঘোপমৰা নিৰন্ধ্ৰ অন্ধকাৰ। দূৰত কুকুৰ এটা ভূকি আছিল। সন্মুখৰ ৰাস্তাও নিজম নিতাল। কাৰো আহ-যাহ নাই ৰাস্তাত৷

ভিতৰলৈ সোমাই আহি সি দুৱাৰখন জপাই ক'লে- নাই, কোনো নাই বাহিৰত৷

অৰ্ণৱৰ কথাত তিৰোতাজনীৰ ভয়ত বিবৰ্ণ মুখমণ্ডল যেন অলপ সতেজ হৈ উঠিল। দীঘলকৈ উশাহ টানি তাই স্বগতোক্তি কৰিলে- মই ইয়ালৈ অহাটো তেনেহ'লে সিহঁতে গম পোৱা নাই!

সিহঁত মানে?- অৰ্ণৱৰ মাতত কৌতূহল ৷ আপোনাৰ কোনো কথাই মই বুজিব পৰা নাই। এইদৰে মন্তব্য কৰি অর্ণৱে সুধিলে- আপোনাক কোনোবাই খেদি আহিছিল নেকি? কোন সিহঁত?

হয়, খেদিয়ে আহিছিল। কিন্তু আপুনি মোক ভুল নুবুজিব । মই কোনো অপৰাধ কৰা নাই। তিৰোতাজনীয়ে শেষৰ কথাফাকিত বিশেষভাবে জোৰ দিলে।

অর্ণৱে পৰ্যবেক্ষণৰ দৃষ্টিত তিৰোতাজনীৰ ফালে চালে। শান্ত-সৌম্য চেহেৰা। ভদ্রোচিত মাৰ্জিত কথা-বতৰা৷ চেহেৰা-পাতিও ভদ্রোচিত৷ কথা-বতৰা, চেহেৰাপাতি চাই তিৰোতাজনীক কোনোবা অসাধু চক্ৰৰ সদস্য বুলি সন্দেহ কৰাতো দূৰৰে কথা, কল্পনা কৰিবলৈকো তাৰ বিবেকে বাধা দিলে। মূৰত বেণ্ডেজ বন্ধা দেখি তিৰোতাজনী কিবা কাৰণত হাস্পতালৰপৰা পলাই আহিব পাৰে বুলি সি সন্দেহ কৰিলে। কিন্তু হাস্পতালৰপৰা পলাই অহাৰ কাৰণনো কি হ'ব পাৰে? মূৰত বেণ্ডেজ বন্ধাৰ কাৰণেই বা কি? কিবা দুৰ্ঘটনা, নে আন কিবা ? আজিকালি নাৰী নিৰ্যাতনৰ ঘটনা দিনে দিনে বৃদ্ধি হৈ আছে। স্বামীয়ে যৌতুকৰ দাবীত নিজৰ স্ত্ৰীক হত্যা অথবা মাৰপিটৰ ঘটনা সততে সংঘটিত হৈ আছে। কিন্তু তিৰোতাজনীৰ কপাল উকা। হয় স্বামী পৰিত্যক্তা অথবা বিধৱা । গতিকে স্বামীৰ দ্বাৰা প্রহৃত হোৱাৰ সম্ভাৱনা নাই। কিন্তু বেলেগ পুৰুষৰদ্বাৰাওতো প্রহৃত হ'ব পাৰে ! এইদৰে এশ এবুৰি প্ৰশ্নই তাৰ মনত খলকনি তুলিলে। ফলত সি তিৰোতাজনীৰ বিষয়ে জানিবলৈ কৌতূহলী হৈ উঠিল। সেয়ে সি কোনো ধৰণৰ লুক-ঢাক নকৰাকৈ পোনপটীয়াভাবে সুধিলে- আপোনৰ মূৰত বেণ্ডেজ বন্ধাৰ কাৰণ কি? কিবা দুর্ঘটনা, নে আন কিবা?

অৰ্ণৱৰ প্ৰশ্নত তিৰোতাজনী অস্বস্তিত পৰিল ৷ তাই অপৰাধীৰ দৰে ক'লে- ইমান সময় মই আপোনাক উৎকণ্ঠাৰ মাজত ৰখাটো উচিত হোৱা নাই । মই বৰ্তমান মানসিকভাবে বিপর্যস্ত। সেয়ে মই মোৰ পৰিচয় দিবলৈ পাহৰিয়ে গৈছিলো । মোৰ নাম বিপাশা । বৃত্তিত শিক্ষিকা । মই এখন বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰোঁ। আপুনি নিশ্চয় মাণিক মুদৈক জানে। মাণিক মুদৈ চহৰখনৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীঅৱশ্যে বর্তমান সি দেউলীয়া। মাণিক মুদৈৰ পৰিবাৰ মৃদুলা মুদৈ মই শিক্ষকতা কৰা বিদ্যালয়খনৰ হেড মিষ্ট্ৰেছ। তাই উপযাচিয়ে মোক চাকৰিটো দিছিল। মিছেছ মুদৈয়ে মোক নিজৰ ভনীয়েকৰ দৰেই মৰম-চেনেহ কৰে। তাই মোতকৈ দুই-এবছৰমানৰ ডাঙৰ হ'ব। আমাৰ চেহেৰা-পাতিও প্রায় একেই। বহুতে আমি দুয়ো বায়েক-ভনীয়েক বুলিও ভাবে। মই অকলশৰীয়া মানুহ। ভাড়াঘৰত থাকো। ভাড়াঘৰটো মাণিক মুদৈহঁতৰ ঘৰৰ ওচৰতে। মোৰ শিক্ষকতা আৰু ৰন্ধা-বঢ়াৰ বাহিৰে কৰিবলৈ বিশেষ কোনো কাম নাই। সেয়ে ম‍ই উপযাচিয়ে মৃদলা বাইদেউক স্কুলৰ কামৰ লগতে বিভিন্ন কামত সহায় কৰি দিওঁ। তাইৰ কিবা কাম কৰি দিব পাৰিলে মই ভালেই পাওঁকালি মই স্কুলৰ বহী-পত্ৰ কিনাৰ বাবে ওচৰৰে কিতাপৰ দোকান এখনলৈ গৈছিলো। যোৱাৰ সময়ত ৰিক্সাত গৈছিলো যদিও ওচৰতে কাৰণে অহাৰ সময়ত খোজ কাঢ়িয়ে আহি আছিলো। হঠাৎ পিছফালৰপৰা টেক্সি এখনে মোক খুন্দিয়াই থৈ গ'ল। ভাগ্যক্ৰমে চকাৰ তলত নপৰি নৰ্দমাত পৰি গ'লো৷ তাৰ পাছত কি হৈছিল মই নাজানো। জ্ঞান ঘূৰাই পোৱাৰ পাছত দেখিলোঁ, মই এখন বিছনাত শুই আছো। ম‍ই মূৰটো দাঙিবলৈ চেষ্টা চলালোঁ, কিন্তু দাঙিব নোৱাৰিলোঁ। মূৰটো গধুৰ লাগিল। যেন বোজাহে লৈ আছো মূৰত ৷ কৌতুহলবশতঃ মই মূৰটো খেপিয়াই চালো। বেণ্ডেজটো হাতত লাগিল ৷ তেতিয়াহে মোৰ এক্‌চিডেণ্টৰ কথালৈ মনত পৰিল

তাৰ মানে আপুনি কিবা কাৰণত হাস্পতালৰপৰা পলাই আহিছে? অর্ণৱে হঠাৎ নিবোধৰ দৰে প্ৰশ্নটো সুধি পেলালে।

নাই নাই, হাস্পতালৰপৰা নহয়, মই আততায়ীৰ হাতৰপৰাহে পলাই আহিছো। বিপাশাই দৃঢ় কণ্ঠত প্রতিবাদ কৰি উঠিল।

আততায়ীৰ হাতৰপৰা! অর্ণৱে আতংকিত কণ্ঠত সুধিলে- মানে? কেনেকুৱা আততায়ী?

বিপাশাই কথাটো বুজাই ক'লে- একচিডেণ্টৰ কথা মনত পৰাৰ পাছত মই অৱস্থান সম্পৰ্কে জানিবলৈ তৎপৰ হ'লো। মই কোনোমতে মূৰটো দাঙি কেউফালে চকু ফুৰাই সেয়া মিছেছ মুদৈৰ বিছনা বুলি চিনিব পাৰিছিলো।। কাৰণ তাইৰ বিছনাখন মোৰ পৰিচিত । কাৰণ আগতেও মই দুই চাৰিবাৰ তাইৰ শোৱনি কোঠালি লৈ গৈছো। হয়তো মোৰ এক্সিডেণ্টৰ পাছত তাই মোক হাস্পতাললৈ লৈ গৈছিল আৰু তাত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পাছত মোক নিজৰ ঘৰলৈ লৈ আহিছিল। মুদৈহঁত প্রতিপত্তিশালী মানুহ! এনেকুৱাও হ'ব পাৰে যে, দুৰ্ঘটনাৰ পাছত তাই মোক ঘৰলৈ নি ডাক্তৰ মাতি আনি ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰিছিল।

মই অতি কষ্টেৰে বিছনাত উঠি বহিছিলো । দুৱাৰখন জপোৱা আছিল। কাষত কোনো নাই। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল। ম‍ই পানীৰ সন্ধানত কোঠালিটোত চকু ফুৰালো। কিন্তু ওচৰত পানী নেদেখিলোঁ। কাৰোবাক মাতিবলৈও মোৰ সংকোচবোধ হ'ল। সেয়ে মই বিছনাৰপৰা নামি দুৱাৰ খুলি বাৰাণ্ডালৈ ওলাই আহিলো। মুদৈহঁতৰ ঘৰটো দুমহলীয়া আৰচিচি বিল্ডিং। মুদৈ পৰিয়াল গ্রাউণ্ড ফ্লোৰত থাকে । সেই হিচাপে মই গ্রাউণ্ড ফ্লোৰত আছিলো। বাৰাণ্ডালৈ ওলাই অহাৰ পাছতে প্ৰথম মহলাৰ পৰা হঠাৎ কিবা গধুৰ বস্তু সৰি পৰাৰ শব্দ হ'ল। লগে লগে লাইটবোৰো নুমাই গ'শব্দটো হৈছিল মোৰ বাওঁকাষে। শব্দৰ উৎস বিচাৰি মই মোৰ বাওঁফালে চোৱাৰ লগে লগে কিবা এটা বগা বস্তু পৰি থকা মোৰ চকুত পৰিল। মই দৌৰি বস্তুটোৰ কাষলৈ গ'লো ৷ তাত মূছকচ হৈ এজনী তিৰোতা মানুহ পৰি থকা দেখিলোঁ। আঁঠুকাঢ়ি বহি ম‍ই তিৰোতাজীনীৰ মুখখন দাঙি ধৰিলো । তিৰোতাজনী আন কোনো নাছিল—– মৃদুলা মুদৈহে আছিল। ঘটনাটো প্ৰত্যক্ষ কৰি মই আতংকিত হৈ উঠিলো। মোৰ বোধশক্তি লোপ পালে। মই জড়ৱৎ হৈ পৰিলো। বিস্ময় আতংক মাৰ নৌযাওঁতেই এটা জোকাৰণি মাৰি দেহটো নিথৰ হৈ গ'ল। মই গাত ধৰি জোকাৰি মাতিলো, কিন্তু কোনো সঁহাৰি নাপালো । আতংকত মোৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। শিল পৰা কপৌৰ দৰে মই থৰ হৈ গ'লো।

এনেতে মই ভৰিৰ শব্দ শুনিবলৈ পালো। শব্দ হৈছিল দুমহলীয়াৰ ছাদত । শব্দৰ উৎস বিচাৰি মই ছাদৰ ওপৰলৈ চাই পঠিয়ালো । ছাদৰ ওপৰত চকামকাকৈ দুজন মানুহ মোৰ চকুত পৰিল । সিহঁত মোৰ ফালেই চাই আছিল । আন্ধাৰৰ কাৰণে মই মানুহ দুজনক চিনিব নোৱাৰিলো ৷ সেই মানুহ দুজনেই যে বাইদেউক ছাদৰপৰা পেলাই দিছে এই কথা উপলব্ধি কৰিবলৈ মোৰ অসুবিধা নহ'ল । মই ওপৰলৈ চোৱাৰ লগে লগে মানুহ দুজন ছাদৰপৰা অদৃশ্য হৈ গ'ল। মই চিঞৰি মাতিলো- কোন? কোন তোমালোক?

মোৰ প্ৰশ্নৰ কোনো ধৰণৰ সঁহাৰি নাপালো। মোৰ হৃদয়ত এজাক দুশ্চিন্তাৰ বা-মাৰলি পাক খাই উঠিল। মই অস্থিৰ হৈ উঠিলো ৷ ম‍ই মানুহ দুজনক অনুসৰণ কৰিম, নে মুদৈ বাইদেউৰ শুশ্রূষা কৰিম, এইবোৰ কথা ভাবি থাকোঁতেই মানুহ দুজনক মোৰ ফালে আগুৱাই আহি থকা দেখিলোঁ।

এজনে মোৰ ফালে চাই ক'লে- এওঁকো ছাদৰ ওপৰলৈ লৈ বলা৷

কথাফাকি মোৰ কাণত শেলৰ দৰে বাজিল। প্রচণ্ড ভয়ত মোৰ সৰ্বশৰীৰ কঁপি উঠিল। বাঘে বতাহত বিপদৰ গোন্ধ পোৱাৰ দৰে ম‍ই মানুহজনৰ কথাত বিপদৰ গোন্ধ পালো। মই সজাগ হৈ উঠিলো। মানুহ দুজনৰপৰা হাত সাৰিবলৈ গ'লে যে, পলোৱাৰ বাহিৰে উপায় নাই এই উপলব্ধিয়ে মোৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ কৰি তুলিলে। মোৰ অন্তদৃষ্টিত সিহঁতৰ বীভৎস ক্ৰুৰ দৃষ্টি ভাহি উঠিল। সিহঁত মোৰপৰা আঠ-দহহাত মান আঁতৰত থাকোঁতেই মই মিছেছ মুদৈক ভৱিতব্যৰ হাতত গতাই দৌৰি পলাবলৈ ধৰিলো ৷ অতি কষ্টেৰে পিছফালৰ দেৱাল পাৰ হৈ গছ-গছনিৰ মাজে মাজে দৌৰি আহি মই এইখিনি পাইছোঁহি। এতিয়া মই ক'ত আছো মই তাকো ক'ব নোৱাৰিম৷

বিপাশা ৰৈ গ'ল । অৰ্ণৱ বিস্ময়ত হতবাক হৈ পৰিল । তাৰ হৃদয়ৰ স্পন্দন দ্ৰুততৰ হৈ উঠিল। এক অজান ভয়ত তাৰ সৰ্বশৰীৰ অৱশ হৈ পৰিল৷

চাৰিওফালে নীৰৱ নিস্তব্ধ। দূৰত ফেঁচা এটা কুৰুলিয়াই উঠিল। ফেঁচাৰ মাতত অর্ণৱে সম্বিত ঘূৰাই পালে । চকু বিস্ফাৰিত কৰি বিপাশাৰ ফালে চাই সি নিজকে নিজে প্ৰশ্ন কৰিলে- তাৰ মানে, কোনোবাই মিছেছ মুদৈক হত্যা কৰিলে?

বিপাশাই সুধিলে- আপুনি মুদৈ বাইদেউক চিনি পায় নেকি?

মিছেছ মুদৈৰ লগত আচলতে অৰ্ণৱৰ তেনে কোনো চা-চিনাকি নাই। সি থকা ভাড়াঘৰটোৰ মালিক মাণিক মুদৈ যদিও মুদৈ পৰিয়ালৰ লগত তাৰ বিশেষ যোগাযোগ নাই। ভাড়া বন্দৱস্ত কৰাৰ সময়ত সি মাথোন দুদিন মাণিক মুদৈহঁতৰ ঘৰলৈ গৈছিল। তাৰ পাছত কোনোদিন মাণিক মুদৈৰ ঘৰলৈ যোৱাৰ প্ৰয়োজন হোৱা নাই। কাৰণ ঘৰভাড়া মাহৰ শেষত বৃন্দাবনে আহি লৈ যায়। কিবা প্ৰয়োজন হ'লে বৃন্দাবনেই সেয়া সমাধান কৰি দিয়ে। বৃন্দাবন মুদৈহঁতৰ লগুৱা

অর্ণৱে ক'লে- নাই নাই, তেনে কোনো চা-চিনাকি নাই। মুখৰ চিনাকি। খন্তেক ৰৈ সুধিলে- মাণিক মুদৈ ঘৰত নাই নেকি?

নাই, আজি ৰাতিপুৱা সি কলিকতালৈ গৈছে। ওভতোঁতে হেনো দুই তিনি দিন পলম হ'ব। আজি স্কুলৰ টিফিনৰ সময়ত বাইদেৱে মোক এনেকৈয়ে কৈছিল

বেলেগ কোনো মানুহ নাই নেকি ঘৰখনত ?

আপুনি হয়তো জানেই মুদৈ দম্পত্তি নিঃসন্তান! বিপাশাই ক'লে- গতিকে লগুৱা বৃন্দাবনৰ বাহিৰে বেলেগ কোনো মানুহ নাই ঘৰখনত । ৰন্ধা-বঢ়াৰ কাৰণে তিৰোতা এজনী আছে যদিও তাই ৰাতি নাথাকে । ৰন্ধা-বঢ়াৰ কাম শেষ কৰি তাই নমান বজাত ঘৰলৈ গুচি যায়।

আপুনি বৃন্দাবনক নামাতিলে কিয়?

অৰ্ণৱৰ প্ৰশ্নত বিপাশা অস্বস্তিত পৰিল। আচলতে ঘটনাটো ইমানেই আকস্মিকভাবে ঘটিছিল যে, তাইৰ বৃন্দাবনৰ কথা মনতে পৰা নাছিল। তদুপৰি মনত পৰিলেও মাতিবলৈ সময় নাপালেহেঁতেন। ইফালে ঘটনাৰ আকস্মিকতাত তাই ইমানেই ভীতিগ্ৰস্ত হৈ পৰিছিল যে, মনত পৰিলেও বৃন্দাবনক মাতিবলৈ যোৱাৰ কাৰণে সাহস গোটাব নোৱাৰিলেহেঁতেন। সেয়ে তাই কৈফিয়তৰ সুৰত ক'লে- আপোনাক আগতেই কৈছো, তেতিয়া মই খুবেই ভীতিগ্ৰস্ত হৈ পৰিছিলো। ফলত একমাত্ৰ পলোৱাৰ বাহিৰে মোৰ বেলেগ কথা মনতে পৰা নাছিল।

বিপাশাৰ কথাত অৰ্ণৱ কিছুপৰিমাণে লজ্জিত হ'ল। কাৰণ পৰিস্থিতিৰ কথা জানিও এনেকুৱা প্ৰশ্ন সোধাটো উচিত হোৱা নাই বুলি সি ভাবিবলৈ বাধ্য হ'ল। সেয়ে সি সেমেনা-সেমেনি কৰি ক'লে- আচলতে মই পৰিস্থিতিৰ কথা পাহৰিয়ে গৈছিলো। এইদৰে কৈফিয়তৰ সুৰত কথাকেইটা কৈ অর্ণৱে প্ৰসংগ সলনি কৰি ক'লে- মিছেছ মুদৈৰ লগত কাৰোবাৰ কিবা শত্ৰুতা আছিল নেকি? এই বিষয়ে আপুনি কিবা গম পায় নেকি?

বিপাশাই ভ্ৰযোৰ কোঁচাই কিছুপৰ ভাবিলে। তাৰ পাছত সন্ধানী দৃষ্টিৰে অৰ্ণৱৰ ফালে চাই ক'লে- মোৰ মাথোন ছমাহৰ সম্বন্ধ ঘৰখনৰ লগত। ছমাহ আগতহে মই মিছেছ মুদৈৰ বিদ্যালয়ত যোগদান কৰিছো। সেয়ে তেনে কোনো শত্রু থাকিলেও মই গম নাপাও । আচলতে বাইদেউক মই এই ছমাহে যেনেকৈ জানিছোঁ, তাইৰ শত্ৰু আছে বুলি মোৰ বিশ্বাস নহয়। অৱশ্যে মাণিক মুদৈৰ শত্ৰু থাকিবও পাৰে। কাৰণ সি ব্যৱসায়ী মানুহ। ইফালে চোৰাং ব্যৱসায়ৰ লগত জড়িত বুলিও মই ইকাণে-সিকাণে শুনিছোঁ। নাৰীৰ প্ৰতিও হেনো তাৰ বিশেষ দুৰ্বলতা আছে। কোনোবা এজনী ছোৱালীৰ লগত তাৰ প্ৰেমৰ সম্বন্ধ থকাৰ কথাও শুনিছোঁ। কিন্তু মিছেছ মুদৈৰ চৰিত্ৰ মাণিক মুদৈৰ সম্পূৰ্ণ বিপৰীত । এজনী ভদ্ৰ, মৰমিয়াল তিৰোতা। কাৰো লগত কোনো ধৰণৰ কাজিয়া-পেচাল নাই। চাকৰ-বাকৰৰ লগত মিতিৰৰ দৰে ব্যৱহাৰ। বৈবাহিক জীৱনৰ দহ বাৰ বছৰ পাৰ হোৱাৰ পাছতো কোনো সন্তান-সন্ততিৰ মুখ দেখিবলৈ সক্ষম নোহোৱাত এক বিষণ্ণ বেদনাত তাইৰ দেহ-মন সদায় আচ্ছন্ন হৈ থাকে। গতিকে নিজক কামৰ মাজত ব্যস্ত ৰখাৰ কাৰণে তাই তিনি বছৰমান আগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন স্থাপন কৰিছে।

তেনেহ'লে এনেকুৱা এগৰাকী মৰমিয়াল তিৰোতাক কোনে হত্যা কৰিব পাৰে? অর্ণৱে বিপাশাৰ প্ৰতিক্ৰিয়া জানিবলৈ তাইৰ ফালে চালে।

বিপাশাই হুমুনিয়াহ কাঢ়ি কলে- সেয়া মই কেনেকৈ জানিম! আজি-কালি ভাল মানুহৰোতো শত্ৰুৰ অভাৱ নাই !

কথাটো অৱশ্যে মিছা নহয়। বেয়াতকৈ ভাল মানুহৰে শত্ৰুৰ সংখ্য সৰহ। বেয়া মানুহবোৰে বহু সময়ত ভাল মানুহৰপৰা বাধা পাই সিহঁতৰ শত্ৰু হৈ উঠে। স্বার্থত ব্যাঘাত জন্মিলেই বেয়া মানুহৰ হিতাহিত জ্ঞান লোপ পায়-- উন্মাদপ্ৰায় হৈ উঠে। হৃদয়ত পশুত্ব শক্তি জাগি উঠে। প্রতিক্রিয়া হিচাপে সিহঁতে তেতিয়া ভাল মানুহৰ লগত শত্ৰুতা আচৰণ কৰে। কেতিয়াবা নৰহত্যাৰ দৰে জঘন্য অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷

অর্ণৱে কলে- আপুনি এতিয়া কি কৰিব বিচাৰিছে? প্ৰশ্নটো সুধি বিপাশাৰ উত্তৰলৈ অপেক্ষা নকৰি পৰামৰ্শৰ সুৰত ক'লে- আপুনি এতিয়া থানালৈ যোৱাটোৱে বুদ্ধিমানৰ হ'ব। পুলিচৰ কথা! আপুনি আগধৰি কথাটো পুলিচক নজনালে সিহঁতে আপোনাক হত্যাৰ লগত জড়িত বুলি সন্দেহ কৰিব পাৰে অৰ্ণৱৰ কথা শুনি বিপাশা সচকিত হৈ উঠিল । আতংকিত আহত কণ্ঠত তাই সুধিলে- মোৰ কথাৰপৰা মোক হত্যাকাৰী বুলি সন্দেহ কৰাৰ কিবা থল আছে নেকি ?

নাই নাই, আপুনি চিন্তা নকৰিব। অর্ণৱে অভয় দিয়াৰ কাৰণে ক'লে- মোৰ মতে আপোনাৰ গাত কোনো দোষ নাই। তদুপৰি পাপ কৰিলেহে যমৰ ভয় ! তথাপি পুলিচৰ কথা। সিহঁতে বতাহৰ ডিঙিতো হেনো ৰচী লগাব পাৰে। আপুনি থানালৈ গৈ পুলিচৰ আগত ঘটনাৰ সবিশেষ ভাঙি-পাতি কওঁক গৈ।

থানাৰ কথা শুনি বিপাশা চিন্তিত হৈ পৰিল ৷ তাইৰ মনত ভয়ৰ সঞ্চাৰ হ'ল। বিচলিত কণ্ঠত সুধিলে তাই- এতিয়াই যাব লাগিব নেকি?

হয়, এতিয়াই যাব লাগিব। অর্ণৱে পৰামৰ্শ আগবঢ়ালে- সিফালে মিছেছ মুদৈৰ লাচৰ কথাও আছে। তেনেকৈ পৰি থাকিলে শিয়াল-কুকুৰে অনিষ্ট কৰিব পাৰে

বিপাশাই চিন্তিত কণ্ঠত কলে- এই ৰাতিখন মই অকলে থানালৈ যাম কেনেকৈ? তদুপৰি দুৰ্বৃত্তহঁত যদি ৰাস্তাত ক'ৰবাত খাপ পাতি ৰৈ আছে! হত্যাৰ একমাত্ৰ সাক্ষী হিচাপে সিহঁতে মোকো হত্যা কৰিব পাৰে! বিপাশাই এইদৰে কৈ কৰুণ দৃষ্টিৰে অৰ্ণৱৰ ফাল চাই আবেদনৰ সুৰত ক'লে- আপুনিও বলক মোৰ লগত। আপুনি লগত থাকিলে মনত বল পাম।

ইমান ৰাতি এজনী তিৰোতা মানুহক অকলে থানালৈ যাবলৈ দিয়াটো উচিত নহ'ব বুলি ভাবি অর্ণৱে আপত্তি নকৰিলে। কলে- বলক তেনেহ'লে ৷ ৰাতিও ভালেখিনি হ'ল। পলম কৰা উচিত নহ'ব। যিমান সোনকালে যাব পাৰি সিমানেই আমাৰ কাৰণে মংগল ৷

দুয়ো ঘৰৰ ভিতৰৰপৰা ওলাই আহিল ।

বিপাশাই কলে- থানা ইয়াৰপৰা ভালেখিনি আঁতৰত। যাব কেনেকৈ? এতিয়া গাড়ী-মটৰ পোৱা যাব জানো?

মোৰ অট' আছে। অর্ণৱে ক'লে- অট' লৈ যাম।

দুয়ো অটৰ কাষলৈ আহিল। অর্ণৱে বিপাশাক পিছফালৰ ছিটত বহিবলৈ নিৰ্দেশ দি সি নিজে চালকৰ আসনত বহিল। দহ মিনিটমান পাছত সিহঁতে আহি থানা পালেহি। অফিচৰ সন্মুখত আৰক্ষী এজনে বন্দুক লৈ পহৰা দি আছিল। অৰ্ণৱ অট'ৰপৰা নামি পৰীয়া আৰক্ষীজনৰ ফালে আগুৱাই আহিলঅৰ্ণৱক দেখি আৰক্ষীজন আগবাঢ়ি আহি সুধিলে- সকাম কি?

মাৰ্ডাৰ। অর্ণৱে পোনপটীয়াভাবে সিহঁত অহাৰ উদ্দেশ্য জনালে- মহিলা এজনীক হত্যা কৰা হৈছে ।

মাৰ্ডাৰ! পৰীয়া আৰক্ষীজন উচাপ খাই উঠিল ।

অফিচৰ ভিতৰত দুজন বিষয়াই কাম কৰি আছিল । পৰীয়া আৰক্ষীজনে অফিচৰ ফালে মুখ কৰি এজন বিষয়াক উদ্দেশ্য কৰি ক'লে- ছাৰ, মাৰ্ডাৰ কেচ।

মাৰ্ডাৰ কেচ! দুৱাৰৰ কাষত বহি থকা আৰক্ষী বিষয়াজনে ফাইলৰপৰা মূৰ তুলি সুধিলে- ক?

উজান বজাৰত৷ পৰীয়া আৰক্ষীজনে চমু উত্তৰ দিলে ৷

উজান বজাৰত ? কোন আহিছে খবৰটোলৈ ? আৰক্ষী বিষয়াজন বহাৰপৰা উঠি বাৰাণ্ডালৈ আগবাঢ়ি আহিল। ইতিমধ্যে অর্ণৱো আহি বাৰাণ্ডা পাইছিলহি। বিষয়াজনে অৰ্ণৱক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি সুধিলে- খবৰটোলৈ আপুনি আহিছে নেকি?

অর্ণৱে বিষয়াজনক চিনিব পাৰিলে। স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ মজুমদাৰ। সেয়ে সি সসম্ভ্রমে ক'লে- নাই ছাৰ, মই খবৰটো লৈ অহা নাই। মহিলা এজনীয়ে মোক লগত লৈ আহিছে। অর্ণৱে এইদৰে কোৱাৰ লগে লগে বিপাশা আহি সেইখিনি পালেহি।

প্ৰদীপ মজুমদাৰে বিপাশাক দেখি সুধিলে- আপুনিয়ে নেকি?

হয় ছাৰ। বিপাশাই সন্মতিসূচক মূৰ দুপিয়াই ক'লে ।

বাৰু, আপোনালোক মোৰ লগত আহক। এইদৰে কৈ প্ৰদীপ মজুমদাৰ অফিচৰ ভিতৰলৈ সোমাই গ'ল।

অৰ্ণৱ আৰু বিপাশাও মজুমদাৰৰ পিছে পিছে অফিচ ৰোমৰ ভিতৰলৈ সোমাই আহিল। মজুমদাৰে চকী দুখনলৈ আঙুলিয়াই কলে- বহক।

মজুমদাৰৰ নিৰ্দেশমৰ্মে অৰ্ণৱ আৰু বিপাশা যন্ত্রচালিতৰ দৰে নিৰ্দেশিত চকীত বহি পৰিল।

অফিচত কাম কৰি থকা বেলেগ বিষয়াজনে কাম বন্ধ কৰি অৰ্ণৱ আৰু বিপাশাৰ ফালে কৌতূহলী দৃষ্টিৰে চালে।

মজুমদাৰে ঘটনাৰ সবিশেষ শুনাৰ আগতেই বিষয়াজনক উদ্দেশ্য কৰি ক'লে- বৰা, মাৰ্ডাৰ কেচ। এম্বুলেঞ্চ ফোন কৰি আপুনি ৰেডি হৈ ওলাই আহক ৷ মই দুই-তিনি মিনিটতে আহি আছো৷

মজুমদাৰৰ নিৰ্দেশমৰ্মে বৰাই ফাইল সামৰি অফিচ ৰোমৰ পৰা ওলাই গ'ল।

মজুমদাৰে সুধিলে- ঘৰত ফোন নাই নেকি? যদি আছে, ফোনত নামাতি চিধাই থানালৈ আহিল কিয় ?

মজুমদাৰৰ প্ৰশ্নত বিপাশা কিছু অপ্রস্তুত হ'ল যদিও শেষ মুহূৰ্তত নিজক চম্ভালি ক'লে- ফোন আছে ছাৰ। কিন্তু ম‍ই ফোনৰ গুৰিলৈ যোৱাৰ সুযোগে পোৱা নাই। এইদৰে কৈ বিপাশাই ঘটনাৰ সবিশেষ বিৱৰি ক'লে।

ভিকটিমতেনেহলে তিৰোতা মানুহ? মজুমদাৰে সন্ধানী দৃষ্টিত বিপাশাৰ ফালে চাই ক'লে।

হয়, ছাৰ। মাণিক মুদৈৰ পৰিবাৰ মৃদুলা মুদৈ । বৃত্তিত এখন বেচৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী। অর্ণৱে উত্তেজনা বশতঃ কৈ পেলালে।

কথাৰ মাজতে মাত মাতা দেখি মজুমদাৰৰ ভ্ৰূযোৰ কুঞ্চিত হৈ উঠিল। সি চকু ঘোপা কৰি অৰ্ণৱৰ ফালে চাই ক'লে- ঘটনাৰ সময়ত আপুনিও তাত আছিল নেকি?

মজুমদাৰৰ মনৰ ভাব উপলব্ধি কৰিব পাৰি অর্ণৱে ক্ষমা খোজাৰ ভংগীত ক'লে- ক্ষমা কৰিব ছাৰ ৷ মই তাত নাছিলো ছাৰ । এওঁৰ পৰাই জানিব পাৰিছো।

কথাৰ মাজত এইদৰে কথা কোৱা উচিত নহয়। মজুমদাৰে উপদেশৰ সুৰত ক'লে- কেচটো সাধাৰণ কেচ নহয়। মাৰ্ডাৰ কেচ । গতিকে যাক সুধিম সেইজনেহে উত্তৰ দিব। মজুমদাৰে তলৰ ওঁঠ কামুৰি ধৰি কিছুপৰ ভাবি ক'লে- মাণিক মুদৈ.....মাণিক মুদৈ.... মজুমদাৰৰ ভ্ৰযোৰ কোঁচ খাই গ'ল । অসেই ব্যৱসায়ীজন ! সি ঘৰত আছে নেকি ?

নাই ছাৰ৷ কালি কলিকতালৈ গৈছে। বিপাশাই ক'লে ৷

মজুমদাৰে ক'লে- বাৰু, আগতে আমি ঘটনাস্থলীলৈ যাও, বলক। ভাগ্য ভাল হ'লে তিৰোতাজনী জীয়াইয়ো থাকিব পাৰে।

এইদৰে কৈ মজুমদাৰ অফিচ ৰোমৰপৰা ওলাই আহিল । তাৰ পিছে পিছে অৰ্ণৱ আৰু বিপাশাও ওলাই আহিল ।

বাহিৰত জীপচী এখন সাজু হৈ আছিল। মজুমদাৰে জীপচীত বহি অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- আপুনি আমাৰ আগে আগে গৈ থাকক।*

                      দুই

দুমহলীয়া বিল্ডিং এখনৰ সন্মুখত অটখন ৰৈ গ'ল। অটখন ৰৈ যোৱা দেখি জীপচীখনো ৰৈ গ'ল।

বিল্ডিংৰ সন্মুখত ফুলনি। ফুলনিখনৰ মাজেদি সৰু পকী ৰাস্তা। ফুলনিখনৰ সোঁহাতে বিল্ডিংখনৰ পৰা প্ৰায় ২৫ ফুটমান আঁতৰত আন এটি সৰু পকী ঘৰ৷

বিপাশা গেট খুলি ভিতৰলৈ সোমাই অহাৰ লগে লগে তাইৰ পিছে পিছে আৰক্ষীৰ মানুহ কেইজন আৰু অৰ্ণৱ ভিতৰলৈ সোমাই আহিল ৷ সিহঁত পকী ৰাস্তা পাৰ হৈ বৈঠকখানাৰ সন্মুখত ৰৈ গ'ল।

ঘৰখন নীৰৱ নিস্তব্ধ। বিষণ্ণ কৰুণ মৌনতাই যেন ঘৰখন আৱৰি আছে। লাইটবোৰ নুমোৱা। কলা অজগৰৰ পেটত যেন শুই আছে ঘৰখন।

বিপাশা বাৰাণ্ডালৈ উঠি গৈ লাইট জ্বলালে। ডাৱৰৰ পৰা মুক্ত হৈ পূৰ্ণিমাৰ জোনটো উজলি উঠাৰ দৰে ঘৰখন উজলি উঠিল। বিপাশা বৈঠকখানাৰ ভিতৰলৈ সোমাই গৈ বাকীবোৰ লাইট জ্বলাই দিলে। লগে লগে এজাক পোহৰে আগন্তুকসকলক অভ্যর্থনা জনালে।

বিপাশা বৈঠকখানাৰপৰা ওলাই গৈ লগুৱা বৃন্দাবনক ৰিঙিয়াই মাতিলে- বৃন্দাবন কাই......অ' বৃন্দাবন কাই.......

বিপাশাই তিনি চাৰিবাৰমান মাতাৰ পাছতো বৃন্দীবনৰ কোনো সঁহাৰি পোৱা নগ'ল।

বৃন্দাবন কোন? চি মজুমদাৰে সুধিলে।

এইখন ঘৰৰ লগুৱা ৷ বিপাশাই চমু উত্তৰ দিলে।

সি ঘৰত নাই নেকি? মজুমদাৰে সুধিলে।

সি ঘৰত থকা বা নথকা কথাটো ম‍ই গম নাপাও। বিপাশাই কৈফিয়তৰ সুৰত ক'লে- মই বিছনাতে পৰি আছিলো। অৱশ্যে বিশেষ প্রয়োজন নহ'লে বৃন্দাবন কলৈকো নাযায় বুলি ম‍ই জানো ৷

বৃন্দাবনৰ খবৰ আমি পাছতো ল'ব পাৰিম। মজুমদাৰ ব্যস্ত হৈ উঠিল- বলক, আগতে আমি ঘটনাস্থলীলৈ যাওঁ। মিছেছ মুদৈ হয়তো জীয়াই থাকিবও পাৰে !

দুজন চিপাহীক ঘৰৰ সন্মুখত পহৰা দিবলৈ নিৰ্দ্দেশ দি মজুমদাৰে বাকীবোৰক লৈ ঘটনাস্থলীৰ ফালে আগবাঢ়িল। বিপাশাই আগে আগে সিহঁতক বাট দেখুৱাই লৈ গ'ল। ঘটনাস্থলী লৈ আহি বিপাশা সাপ দেখা মানুহৰ দৰে চক্ খাই উঠিল। বিস্ময় আতংকত স্তম্ভিত হৈ উঠিল তাই। কিবা হেৰুৱা বস্তু বিচৰাৰ দৰে আতংকিতভাবে তাই কেউ ফালে সন্ধানী দৃষ্টি বুলাই মজুমদাৰৰ ফালে অসহায়ভাবে চালে।

বিপাশাৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি মজুমদাৰে সুধিলে- কি হ? ‘ডেডবডি' ?

বিপাশাই অপ্রস্তুতভাবে সেমেনা-সেমেনি কৰি ক'লে- এয়া এইখিনিতে আছিল, ছাৰ।

এইখিনিত! ইয়াত দেখোন একো নাই। মজুমদাৰে উত্তেজিতভাবে কলে।

প্রচণ্ড ভয়ত লেউসেউ হৈ বিপাশাই ক'লে- কিন্তু বাইদেউক মই ইয়াতেই পৰি থকা দেখিছিলো।

মজুমদাৰ অসহিষ্ণু হৈ উঠিল। তেওঁ উত্তেজিত কণ্ঠত উপদেশৰ সুৰত ক'লে- আপুনি ভালদৰে চাওঁকতেতিয়া আপুনি টেনচনত আছিল। বেলেগ কৰবাতো দেখিব পাৰে হয়তো!

বিপাশাই বিষণ্ণ বেদনাচ্ছন্ন দৃষ্টিত মজুদাৰৰ ফালে চাই দৃঢ়কণ্ঠত ক'লে- নাই নাই, ছাৰ, মোৰ ভুল হোৱা নাই। ইয়াতেই পৰি থকা দেখিছিলো।

বিপাশাৰ দৃঢ়তা দেখি মজুমদাৰে হাওলি বিপাশাৰ নিৰ্দেশিত ঠাইত দৃষ্টি বুলালে। কেঁচা মাটি। অলপ আগতে কিবা গধুৰ বস্তু পৰাৰ চিন স্পষ্ট হৈ আছে ঠাইডোখৰত ৷ জোতা পিন্ধা ভৰিৰ খোজৰ চিনো চকুত পৰিল তেওঁৰ। অলপ আগতে কিবা গধুৰ বস্তুলৈ টনা-আঁজোৰা কৰাৰ চিনো স্পষ্ট হৈ আছে ঠাইডোখৰত। এঠাইত অকনমান তেজৰ চেকাও চকুত পৰিল তেওঁৰ। ওপৰৰ পৰা পৰাৰ পাছত মূৰ ফাটি গৈছিল হয়তো। সেই ক্ষতস্থানৰ পৰা তেজ নিগৰিছিল হয়তো। মজুমদাৰৰ ভ্ৰযোৰ কোঁচ খাই গ'ল। মুখমণ্ডলত ফুটি উঠিল দুঃচিন্তাৰ ৰেখা।

আততায়ীহঁতে নিশ্চয় গোপন কৰাৰ উদ্দেশ্যে ডেডবডিটো আঁতৰাই নিছে। মজুমদাৰে নিজকে কোৱাদি কথাষাৰ কলে।

ইমান সময় ধৈর্য ধৰি মজুমদাৰৰ আলেখ-লেখ লক্ষ্য কৰি থকা সহপৰিদৰ্শক বৰাই সুধিলে- এতিয়া আমি কি কৰা উচিত হ', ছাৰ?

মজুমদাৰে ওঁঠ কামুৰি কিছু সময় ভাবি ক'লে- তাকেইতো ভাবিছো ৷ এইদৰে কৈ তেওঁ বৰাক উদ্দেশ্য কৰি ক'লে- বৰা, আপুনি ছাদৰ ওপৰলৈ উঠি যাওঁক । তাত কিবা ব্লুপায় নেকি চাওঁকগৈ ।

নিৰ্দেশ পাই বৰাই চিপাহী এজন লগত লৈ ছাদৰ ওপৰলৈ উঠি গ'ল। বৰা ছাদৰ ওপৰলৈ উঠি যোৱাৰ পাছত মজুমদাৰে আন এজন চিপাহীক উদ্দেশ্য কৰি ক'লে- আপুনি বৃন্দাবনৰ খবৰ কৰক

চিপাহীজনে বৃন্দাবনক বিচাৰি যোৱাৰ পাছত মজুমদাৰ ঠাইডোখৰৰ বিৱৰণ লিখাত ব্যস্ত হৈ পৰিল। খন্তেক পাছত বৰা ছাদৰপৰা নামি আহি কলে- একো ব্লুনাপালো, ছাৰ।

বৰাৰ কথা শেষ হবলৈ নৌহওঁতেই বৃন্দাবনক বিচাৰি যোৱা চিপাহীজন উধাতু খাই লৰি আহি ক'লে- ফুলনিখনৰ গাতে লাগি থকা পকী ঘৰটোত হাত-ভৰি বন্ধা অৱস্থাত মানুহ এজন পোৱা গৈছে, ছাৰ।

কাগজ-কলম সামৰি মজুমদাৰে ব্যস্তভাবে কলে- হাত-ভৰি বন্ধা অৱস্থাত? জীৱিত নে মৃত?

জীৱিত ছাৰ। চিপাহীজনে ক'লে।

মজুমদাৰে ক'লে- বলক, আমি তালৈ যাওঁ বলক ।

মজুমদাৰ সহ আটাই কেইজন পকী ঘৰটোলৈ আহিল।

ঘৰৰ দুৱাৰ খোলা। ভিতৰত অন্ধকাৰ। মজুমদাৰে ঘৰৰ ভিতৰলৈ টর্চ মাৰিলে। লগে লগে চিপাহীজনে ছুইচ্ টিপি লাইট জ্বলাই দিলে। লাইট জ্বলোৱাৰ পাছত মজুদাৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। বাকীবোৰ দুৱাৰ মুখত জুম বান্ধি থিয় দি থাকিল ।

ঘৰৰ ভিতৰত পঞ্চাশোর্দ্ধ মানুহ এজনক খাটৰ লগত বান্ধি থোৱা আছিল। মানুহজনৰ হাত-ভৰি বন্ধা আছিল আৰু ৰুমাল এখনেৰে মুখত সোপা দি থোৱা আছিল। একেলগে ইমানবোৰ মানুহ দেখি মানুহজন প্ৰথম অৱস্থাত কিছু সংকুচিত হৈ উঠিছিল যদিও পুলিচৰ মানুহ বুলি জানিব পাৰি সি প্রকৃতিস্থ হ'ল। সি মজুমদাৰৰ ফালে কাতৰ দৃষ্টিত চালে৷ মানুহজন আন কোনো নাছিল- বৃন্দাবনহে আছিল।

বিপাশা এইখন ঘৰৰ সদস্য নহ'লেও নিয়মিতভাবে অহা-যোৱা কৰাৰ ফলত ঘৰৰ আটাইবিলাক সদস্যৰ লগত তাইৰ পৰিচয় আছিল। বৃন্দাবনৰ লগতো তাইৰ পৰিচয় আছিল। কেতিয়াবা সময় পালে বৃন্দাবনৰ লগত তাই দু-আষাৰ মনৰ কথাও পাতিছিল। বৃন্দাবনে তাইক নিজৰ ভনীৰ দৰে মৰম-চেনেহ কৰিছিল। সেয়ে বৃন্দাবনৰ অৱস্থা দেখি স্থান-কাল-পাত্ৰৰ কথা পাহৰি তাই ভিৰ ঠেলি ঘৰৰ ভিতৰলৈ সোমাই আহি সুধিলে- তোমাৰ এই অৱস্থা কোনে কৰিলে, বৃন্দাবন কাই?

মুখত সোপা দি থোৱাৰ কাৰণে বৃন্দাবনে বিপাশাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে । সি কাতৰ দৃষ্টিত বিপাশাৰ ফালে চাই মাথোন মুখৰে গোঁ গোঁ শব্দ কৰিবলৈ ধৰিলে।

মজুমদাৰে বৃন্দাবনৰ বান্ধবোৰ খুলি দিবলৈ নিৰ্দ্দেশ দিলে। চিপাহী এজনে বান্ধবোৰ খুলি দিলে।

মুকলি হৈ বৃন্দাবন খাটৰপৰা নামি মজুমদাৰৰ ভৰি চুই সেৱা জনাই ক'লে- আপুনি মোক বচালে, ছাৰ। মই প্ৰায় দুঘণ্টা ধৰি এনেকৈ বন্ধা অৱস্থাত পৰি আছিলো। ভাবিছিলো, বোধহয় তেনেকৈয়ে পচি মৰিব লাগিব

বৃন্দাবনৰ অৱস্থা দেখি মজুমদাৰৰ তাৰ প্ৰতি অনুকম্পা উপজিল। তেওঁ সহানুভূতিৰ সুৰত ক'লে- আপোনাৰ পৰা আমি বহু কথা জানিব লগা আছে। আপুনি আগতে অলপ সুস্থিৰ হৈ লওঁক। এতিয়া আপোনাৰ কোনো ভয় নাই।

মজুমদাৰৰ পৰা অভয় বাণী পাই বৃন্দাবনৰ ভীতিগ্ৰস্ত মুখত শুষ্ক হাঁহিৰ ৰেখা ফুটি উঠিল। সি ক'লে- আপোনালোক আহিছে যেতিয়া এতিয়া আৰু ভয় নকৰো, ছাৰ ।

মজুমদাৰে সন্ধানী দৃষ্টিত বৃন্দাবনৰ ফালে চাই ক'লে- বাৰু, এতিয়া কওঁকচোন আপোনাৰ এই অৱস্থা কেনেকৈ হ'? ধীৰে সুস্থিৰে সকলো কথা এফালৰপৰা ভাঙিপাতি কৈ যাওঁক।

ম ছাৰ। সকলো কম। বৃন্দাবনে একে উশাহে কথা কেইটা কৈ আবেদনৰ সুৰত ক'লে- অণ্ঠ-কণ্ঠ শুকাই গৈছে, ছাৰ। পানী অকনমান খাব পাৰিলে ভাল আছিল৷

মজুমদাৰে বিপাশাৰ ফালে অর্থপূর্ণ দৃষ্টিত চালে। বিপাশাই দৃষ্টিৰ অৰ্থ বুজিব পাৰি এগিলাচ পানী দিলে। বৃন্দাবনে পানী গিলাচ ঢক্ ঢক্ কৈ গলধঃকৰণ কৰি ক'লে- বৰ পিয়াহ লাগিছিল, ছাৰ। পানী খাই যেন নতুন জীৱন পালো।

এতিয়া প্ৰকৃততে কি ঘটিছিল এফালৰপৰা কৈ যাওঁক। আমি পুলিচৰ মানুহ বুলি নিশ্চয় ধৰিব পাৰিছে। আমাৰ আগত কোনো কথা নুলুকাব। লুকালে আপোনাৰ বিপদ হ'ব। মজুমদাৰে সঁকীয়াই দিলে।

মজুমদাৰৰ কথাত বিশেষ গুৰুত্ব নিদি কপাললৈকে হাত তুলি বৃন্দাবনে অদৃশ্য ভগবানক সেৱা জনাই ক'লে- মিছা নকওঁ, ছাৰ। যি কম সঁচা কথাকে ক'ম।

বৃন্দাবনে তাৰ কাহিনী আৰম্ভ কৰিলে- মই ভাত-পানী খাই শোৱাৰ কাৰণে যো-জা কৰি আছিলো। এনেতে হঠাৎ কোনোবাই মোক পিছফালৰপৰা এনেকৈ গবা মাৰি ধৰিলে। বৃন্দাবনে গবা মাৰি ধৰাৰ মুদ্ৰাটো কৰি দেখুৱাই পুনৰ আৰম্ভ কৰিলে- অতর্কিত আক্ৰমণত হতচকিত হৈ মই আক্ৰমণকাৰীৰ হাতৰপৰা মুক্ত হোৱাৰ বাবে গাৰ সমস্ত শক্তি প্ৰয়োগ কৰিলো। কিন্তু বৃথা চেষ্টা। ম‍ই আক্ৰমণকাৰীৰ হাতৰপৰা মুক্ত হ'ব নোৱাৰিলো। উপায়ন্তৰ হৈ মই চিঞৰি সুধিলো- কোন? কোন তোমালোক ?

কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে আন এজনে মোৰ মুখখন হেঁচি ধৰি ক'লে- চুপ, এটা শব্দও নকৰিবি, নহ'লে গুলী কৰিম ৷

গুলীৰ কথা শুনি মই ভয় খালো যদিও আক্ৰমণকাৰীৰ হাতৰপৰা মুক্ত হোৱাৰ কাৰণে চেষ্টা চলালো। এনেতে এজনে ধাতৱ কিবা টান বস্তুৰে মোৰ পিঠিত খুন্দা মাৰি ক'লে- চুপ, এটা শব্দও নকৰিবি। শব্দ কৰিলেই গুলী কৰিম। এইদৰে সঁকীয়াই দি আক্ৰমণকাৰীহঁতে মোক এৰি দিলে।

বিস্ময় আতংকত হতবুদ্ধি হৈ ম‍ই সিহঁতৰ ফালে চালো। দুজন মানুহ। মুখত ক'লা কাপোৰ বন্ধা। একেবাৰে যমদূতৰ দৰে চেহেৰা। এজনৰ হাতত পিস্তল আৰু আনজনৰ হাতত এখন সৰু ছুৰী। সিহঁতক চিনিবলৈ চেষ্টা কৰিলো যদিও মুখত ক'লা কাপোৰ বন্ধা কাৰণে চিনি নোৱাৰিলো ৷

পিস্তল লৈ থকা মানুহজনৰ নিৰ্দ্দেশক্রমে ছুৰী লৈ থকা মানুহজনে পকেটৰপৰা ৰচী উলিয়াই মোৰ হাত-ভৰি বান্ধি ঠেলা মাৰি বিছনাত পেলাই দিলে। গুলী কৰিব পাৰে বুলি ভয়ত মই কোনো ধৰণৰ বিৰোধিতা নকৰি আত্মসমৰ্পণৰ ভংগীত পৰি থাকিলো । সিহঁতে আন এখন ৰচীৰে মোক খাটৰ লগত বান্ধি মুখত ৰুমাল গুজি দি কোঠালিৰপৰা ওলাই গ'ল৷

মজুমদাৰে সুধিলে- আপুনি তাৰ পাছত কোনো হাই-উৰুমিৰ শব্দ শুনিবলৈ পাইছিলা নেকি?

বৃন্দাবনে খন্তেক ভাবি কলে- নাই, তেনেকৈ অৱশ্যে কোনো শব্দ শুনা নাই। এইদৰে কৈ হঠাৎ মনত পৰাৰ দৰে বৃন্দাবনে ক'লে- অৱশ্যে মাজতে কিবা গধুৰ বস্তু ওপৰৰপৰা ধুপুচকৈ পৰাৰ দৰে শব্দ শুনিবলৈ পাইছিলো। বৃন্দাবনে কম্পিত কণ্ঠত সেমেনা-সেমেনি কৰি সুধিলে- কিবা ঘটনা ঘটিছে নেকি, ছাৰ?

মজুমদাৰে মিছেছ মুদৈৰ লগত সংঘটিত হোৱা ঘটনাৰ বিষয়ে বিৱৰি কৈ সুধিলে- আপুনি এইখন ঘৰত কিমান দিনৰপৰা আছে?

কমেও ত্ৰিছ বছৰ ধৰি আছো, ছাৰ

মজুমদাৰে আত্মীয়তাৰ সুৰত সুধিলে- মুদৈ পৰিয়ালৰ লগত কাৰোবাৰ শত্ৰুতা আছিল নেকি?

: মই গম নাপাও, ছাৰ ।

: ঘৰখনত মিছেছ মুদৈৰ বাহিৰে বেলেগ কোনো তিৰোতা মানুহ আছে নেকি ?

: নাই ছাৰ। বাইদেউৰ বাহিৰে বেলেগ কোনো তিৰোতা মানুহ নাই।

মজুমদাৰে বিপাশাৰ ফালে আঙুলিয়াই ক'লে- এওঁক চিনি পায় নেকি ?

বৃন্দাবনে বিপাশাৰ ফালে চাই ক'লে- পাওঁ ছাৰ। ছমাহমান আগতে এওঁ বাইদেউৰ স্কুলত জইন কৰিছে। বৰ ভাল তিৰোতা ছাৰ বাইদেউৰ লগতো ভাল ৷ আজি আবেলি এওঁক মাৰুতি এখনে খুন্দা মাৰি পেলাই থৈ গৈছিল। একচিডেণ্টৰ খবৰ পাই বাইদেৱে এওঁক হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে ঘৰলৈ আনি নিজৰ চিনাকি ডাক্তৰ মাতি আনি চিকিৎসাপাতি কৰাই আজি ৰাতিৰ কাৰণে নিজৰ ঘৰতে ৰাখিছে।

বৃন্দাবনে আৰু কিবা ক'ব খুজিছিলি, কিন্তু মজুমদাৰে বাধা দি ক'লে- এই ৰাতিখন আপোনালোকক আৰু দিগদাৰি নকৰো। এইদৰে কৈ খন্তেক ৰৈ বিপাশাক উদ্দেশ্য কৰি ক'লে- কাইলৈ ৰাতিপুৱা বৃন্দাবনক লৈ আপুনি থানালৈ যাব

বিপাশাই কিবা ক'ব খুজিছিল, কিন্তু মজুমদাৰে বাধা দি ক'লে- আজি আৰু কোনো কথা নুশুনো। এইদৰে কৈ অৰ্ণৱক উদ্দেশ্য কৰি কলে- আপুনিও এওঁলোকৰ লগত যাবদেই। যিহেতু আপুনিও এই ঘটনাৰ সাক্ষী।

মজুমদাৰে চিপাহী দুজন পহৰাৰ কাৰণে থৈ নিজৰ বাহিনী লৈ গুচি গ'ল।

মজুমদাৰহঁত গুচি যোৱাৰ পাছত ৰাতিপুৱা দেখা কৰাৰ আশ্বাস দি অৰ্ণৱ অট'ৰ ফালে আগবাঢ়িল। দূৰত ৰাউচি জুৰি কুকুৰ এটা কান্দি উঠিল।*

                                   তিনি

অর্ণৱে পাছদিনা ৰাতিপুৱা সাৰ পাই দেখিলে কোঠালিটোত সূৰ্যৰ পোহৰ সিঁচৰতি হৈ পৰিছে। ওৰেটো নিশা সি প্ৰায় উজাগৰিয়ে কটাই দিছে। ৰাতি পুওৱাৰ আগে আগেহে চিমিলকৈ অকনমান টোপনি ধৰিছিল ।

এঙামূৰি দি বিছনাৰপৰা নামি প্রাতঃকৃত সমাপন কৰি কাপোৰ-কানি সলাই মুদৈহঁতৰ ঘৰলৈ আহিল। কিন্তু গেটত তলা দেখি সি চিধাই থানালৈ বুলি অট' চলাই দিলে। থানাৰ গেটৰ পৰা অলপ আঁতৰত থাকোঁতে সি বিপাশা আৰু বৃন্দাবনক লগ পালেসিহঁত ফুটপাথেৰে খোজকাঢ়ি আহি আছিল। বিপাশাক দেখি অর্ণৱে অটখন ৰখাই ক'লে- মই আপোনালোকৰ ঘৰলৈ গৈছিলো; কিন্তু গেটত তলা দেথি পোনে পোনে থানালৈ আহিছো ।

বিপাশাই কৈফিয়তৰ সুৰত ক'লে- আমি আপোনাৰ কাৰণে অপেক্ষা কৰি আছিলো; কিন্তু আপোনাৰ খা-খবৰ নাপাই পৰীয়া চিপাহী দুজনৰ লগত থানালৈ আহিছোৰাতি মুঠেই টোপনি হোৱা নাই।

এই পৰিস্থিতিত কেনেকৈনো টোপনি আহিব ! অর্ণৱে ক'লে- আপোনলোকৰ দৰে মোৰো টোপনি হোৱা নাই। পুৱাৰ ভাগতহে চিলমিলকৈ অকনমান টোপনি ধৰিছিল। সেয়ে উঠাত পলম হ'ল।

অৰ্ণৱৰ মুখমণ্ডলত দুঃশ্চিন্তাৰ ছাপ দেখি বিপাশাৰ নিজকে অপৰাধী যেন লাগিল। সেয়ে তাই ক্ষমা খোজাৰ ভংগীত কলে- মোৰ কাৰণেই আপুনি এই বেমেজালিৰ মাজত সোমাই পৰিবলগা হৈছে। কিন্তু কি কৰিম? ইয়াৰ বাহিৰে মোৰ বেলেগ উপায় নাছিল ৷

অর্ণৱে বিপাশাক সান্ত্বনা দিয়াৰ কাৰণে কলে- সকলো ভগবানৰ ইচ্ছা। তেওঁৰ ইচ্ছা অবিহনে হেনো গছৰ পাত এটাও নসৰে। এয়া সংযোগৰ বাহিৰে আন একো নহয়। এইবোৰ এৰক। ডেডবডিৰ কিবা সন্ধান পোৱা গৈছে, নে নাই তাকে কওঁক?

বিপাশাই দীর্ঘনিশ্বাস এৰি ক'লে- নাই নাই, সদ্যহতে কোনো খবৰে নাই। অচিয়ে কোৱা অনুসৰি চেষ্টা অব্যাহত আছে। কালি নিশাই সকলোবোৰ হাস্পতালত খবৰ কৰিছে। চহৰৰ কুখ্যাত অপৰাধীসকলক মাতি আনি সোধা-মেলা কৰি আছে। চোৰাংচোৱাও নিয়োগ কৰিছে হেনো।

আপোনালোকক কি সুধিলে ?

আমাক কালিৰ প্ৰশ্নবোৰকেই ঘূৰাই-পকাই সুধিছে আৰু মাণিক মুদৈ কলিকতাৰপৰা ঘূৰি নহালৈকে ক'লৈকো যাবলৈ নিষেধ কৰিছে। এইদৰে কৈ বিপাশাই সেমেনা-সেমেনি কৰি ক'লে- আপোনাকো যাবলৈ নিষেধ কৰিছেকেচৰ তদন্ত শেষ নোহোৱালৈকে আপুনিও চহৰৰ বাহিৰলৈ যাব নোৱাৰিব ।

বিপাশাৰ শেষৰ কথাফাকিত অৰ্ণৱ বিচলিত হৈ উঠিল । চকু-মুখত ফুটি উঠিল প্ৰচ্ছন্ন ভয়ৰ ৰেখা। সি উৎকণ্ঠিত কম্পিত কণ্ঠত সুধিলে- মোকো! কিয়? মই কি অপৰাধ কৰিছো?

পুলিচৰ কথা! বিপাশাই কলে- কাৰণ তেওঁলোকেই জানে৷

বাৰু, আপোনালোক যাওঁকগৈ। অর্ণৱে ক'লে- মই অচি ছাৰৰ লগত দেখা কৰি আহোঁগৈ৷

বৃন্দাবন ইমান সময় মনে মনে সিহঁতৰ কথোপকথন শুনি আছিল। সি এইবাৰ সুযোগ পাই ক'লে- আপুনি এতিয়া থানালৈ যোৱাৰ প্রযোজন নাই। অচি ছাৰ বৰ্তমান বেলেগ এটা কেচ লৈ ব্যস্ত হৈ আছে। প্রয়োজন হ'লে মাতি পঠিয়াব বুলি কৈ পঠাইছে।

অর্ণৱে চিন্তিত কণ্ঠত ক'লে- কিন্তু দেখা নকৰিলে পাছত যদি কিবা জগৰ লাগে?

বিপাশাই কলে- একো নহয়। কাৰণ অচিয়ে নিজেই কৈ পঠাইছে। আপুনি এতিয়া নিশ্চিন্ত মনে আপোনাৰ কামলৈ যাওঁকগৈ

অর্ণৱে ক'লে- বাৰু, মোৰ কাৰণে ভালেই হ'ল দিয়কচোন। আজি অটলৈ ওলোৱাত অলপ পলমো হৈছে। আপোনালোক ঘৰলৈ যায় যদি উঠক। মই সেই ফালেদিয়ে যাম। আপোনালোকক ঘৰত নমাই থৈ যামহি।

বিপাশা আৰু বৃন্দাবন অটত উঠি বহিল । সিহঁতক মাণিক মুদৈৰ ঘৰৰ সন্মুখত নমাই দি অর্ণৱে হোটেল ফচুনলৈ বুলি অট' চলাই দিলে ।

অৰ্ণৱ হোটেলৰ ভিতৰলৈ সোমাই আহিল ।

ৰেচিপশনিষ্ট জয়শ্ৰীয়ে গ্রাহক এজনৰ লগত অন্ততৰংগভাবে কথা পতাত ব্যস্ত হৈ আছিল। সিহঁতৰ সন্মুখত মেল খাই আছিল এখন দৈনিক বাতৰি কাকত। সিহঁতে হয়তো কাকতখনত ওলোৱা কোনো বাতৰিৰ বিষয়েই আলোচনা কৰি আছিল। অৰ্ণৱক দেখি জয়শ্ৰীয়ে কাকতখনলৈ আঙুলিয়াই ক'লে- আজি এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি ওলাইছে। মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুত মংগলদৈ লোকসভা সমষ্টিৰ আসনখন খালী হৈ আছে। মংগলদৈত হেনো বহুতো অবৈধ ভোটাৰ আছে। সেই অবৈধ ভেটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰালৈকে হেনো ছাত্র সংস্থাই নির্বাচন হ'বলৈ নিদিয়ে। এইগৰে কৈয়ে তাই সুধিলে- আজি আপোনাৰ ইমান পলম হ'ল কিয়? 'ৰবালৈ গৈছিল নেকি ?

অর্ণৱে জয়শ্ৰীৰ পিছফালে ওলোমাই থোৱা দেৱাল ঘড়ীটোলৈ চালে । আঠ বাজি পঁয়ত্ৰিছ মিনিট

অৰ্ণৱ হোটেলৰ মাহেকীয়া গ্রাহক । অভিজিৎ থাকোঁতে সিহঁতে নিজেই ৰন্ধা-বঢ়া কৰি খাইছিল । অভিজিৎ আৰু অৰ্ণৱ উভয়ে ৰাতিপুৱাই কামলৈ ওলাই গৈছিল । গতিকে ৰাতিপুৱাৰ সাজ অর্ণৱে ৰান্ধিছিল আৰু ৰাতিৰ সাজ অৱশ্যে অভিজিতে ৰান্ধিছিল । অভিজিৎ যোৱাৰ পাছতো কেইদিনমান অর্ণৱে নিজেই ৰন্ধা-বঢ়া কৰি খাইছিল। কিন্তু অকলে ৰন্ধা-বঢ়া কৰি খাবলৈ গ'লে খৰচো বেছি পৰে আৰু লগতে কষ্টও বেছি হয়। তদুপৰি তাৰ সময়ো কম। অট' চলাই সি সাতটা প্ৰাণীৰ বৃহৎ পৰিয়াল পোহপাল দিব লাগে। লগতে আছে দেউতাকৰ ঔষধ আৰু ভায়েক এজনৰ হোষ্টেলৰ খৰচ। ভনীয়েক এজনী ওচৰৰে কলেজ এখনত পঢ়ে। তাইৰো খৰচ আছে। ইয়াৰ মাজত সি নিজৰ পঢ়াৰ খৰচো উলিয়াব লাগে। তদুপৰি অট'ৰ কিস্তিৰ টকাও মাহে মাহে পৰিশোধ কৰিব লাগে। যোৱাবাৰ ভনীয়েক এজনীক বিয়া দি উলিয়াই দিছে। বিয়াৰ সময়ত মহাজনৰপৰা কিছু টকা সুতত লৈছিল। সেই সুত্ৰৰ টকাও পৰিশোধ কৰিব লাগে। তিনি বিঘা খেতিৰ মাটি আছিল যদিও ভনীয়েকৰ বিয়াৰ সময়ত সেই মাটি বন্ধকত থ'ব লগা হৈছে। আগতে মাটিৰ পৰা কিছু উপাৰ্জন হৈছিল। কিন্তু মাটি বন্ধকত থ'ব লগা হোৱাত একমাত্ৰ তাৰ উপাৰ্জনেৰেই ঘৰখন কোনোমতে লেঢোপ কেলঢোপ কৰি চলাব লাগে

বৰ্তমান অটখনেই তাৰ একমাত্ৰ আয়ৰ উৎস। দিনে দিনে বেকাৰৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে অট'ৰ সংখ্যাও বাঢ়ি আহিছে। অটৰ সংখ্যা বাঢ়ি অহাৰ সমান্তৰালভাবে ভাড়াৰ সংখ্যা কমি আহিছে। গতিকে নিশা ন বজাৰ আগতে সি কেতিয়াও ভাড়াঘৰলৈ যাব নোৱাৰে।

ইফালে সি আইনৰ স্নাতক মহলাৰ প্ৰথম বাৰ্ষিকৰ ফাইনেল পৰীক্ষাৰ বাবে সাজু হৈ আছে। প্রাইভেট পৰীক্ষাৰ্থী। প্রাইভেট পৰীক্ষা দিয়ে সি বি, এ লৈকে পাছ কৰিছে। তাৰ এম, এ পঢ়াৰো ইচ্ছা আছিল ৷ স্নাতকোত্তৰ শ্ৰেণীত ভর্তিৰ বাবে সি তলে তলে প্রস্তুতিও চলাইছিল। সি এদিন অভিজিতৰ আগত এম, এ পঢ়াৰ ইচ্ছা ব্যক্ত কৰাত অভিজিতে তাক কৈছিল- পঢ়িব খুজিছ যদি উকালতিকে পঢ়। এম, এ পাছ কৰিলেও টকা নহ'লে চাকৰি নহ'ব। তাতকৈ য দি কেনেবাকৈ উকিল হ'ব পাৰ, চাকৰিৰ ধান্দা কৰাৰ প্ৰয়োজন নহ'ব। স্বাধীনভাবে কিবা এটা কৰি খাব পাৰিবি। সেয়ে অভিজিতৰ পৰামৰ্শ অনুসৰি সি আইন মহাবিদ্যালয়ত ভৰ্তি হৈছে।

অভিজিত অৰ্ণৱৰ দূৰ সম্পৰ্কীয় মাহীৰ ল'ৰা। সিয়ে বৰ্তমান তাৰ উপদেষ্টা। নিজে লিখা-পঢ়া নিশিকিলেও সি লিখা-পঢ়াৰ সমাদৰ ভালদৰে বুজি পায়। অভিজিতৰ কাৰণেই সি বি, এ পাছ কৰিব পাৰিছে। সাধাৰণ পাণ-দোকানীৰ পৰা অট' চলোৱাৰ মূলতো অভিজিত। অভিজিতৰপৰা সহায়-সহযোগিতা নাপালে হয়তো সি চিৰদিন পাণ-দোকানী হৈয়ে থাকিব লগা হ'লহেঁতেন! আইন মহাবিদ্যালয়ত ভর্তি হোৱাৰ কাৰণে যিমান টকাৰ প্ৰয়োজন হৈছিল সম্পূর্ণ টকা অভিজিতেই বহন কৰিছে।

পঢ়া-শুনাৰ কাৰণে সময় উলিওৱাৰ কাৰণে সি নিজে ৰন্ধা-বঢ়া কৰি খোৱাৰ পৰিৱৰ্তে হোটেল ফৰচনত এমাহমান আগৰপৰা খাবলৈ আৰম্ভ কৰিছে।

অৰ্ণৱহঁতৰ চৌহদতে বিদ্যুৎ নামৰ এজন দর্জি আছে। দৰ্জী হিচাপে তাৰ ভাল সুনাম। ফলত কামো অধিক ৷ কামৰ তাগিদাতে সি দোক- মোকালিতে কামলৈ ওলাই যায় আৰু ৰোমলৈ ওভতে নিশা দহ বজাততাৰ দোকানখনৰ কাষতে হোটেল ফচুন অৱস্থিত। বিদ্যুতে হোটেল ফ্ৰচুনতে খায়। বিদ্যুতেই অৰ্ণৱক হোটেলত খোৱাৰ ব্যৱস্থা কৰি দিছে ।

হোটেল ফচুনৰ মাহেকীয়া গ্ৰাহকসকলৰ কাৰণে ৰাতিপুৱাৰ লঘু জলপানৰ ব্যৱস্থা আছে। অৰ্ণৱ সাধাৰণতে ৰাতিপুৱা ছয় বজাতে পুৱাৰ জলপান গ্ৰহণ কৰে। ফলত জয়শ্ৰীয়ে পলম হোৱাৰ কাৰণ সোধাত সি আচৰিত নহ'ল৷

অর্ণৱে তাইৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই জয়শ্ৰীয়ে তাইৰ ওচৰত বহি থকা যুৱকজনক উদ্দেশ্য কৰি ক'লে- এওঁ অৰ্ণৱ হালৈ- অটচালক আমাৰ হোটেলৰ মাহেকীয়া গ্ৰাহক।

মানুহজনে নমস্কাৰ জনালে। অর্ণৱে প্ৰতি নমস্কাৰ জনাই সৌজন্যতাৰ খাতিৰত ক'লে- এওঁ মানে........

প্রদীপ দত্ত। ব্যৱসায়ী। জয়শ্ৰীয়ে যুৱকজনৰ পৰিচয় দিলে ?

প্ৰদীপ দত্ত আঠাইছ ঊনত্ৰিছ বছৰৰ এজন চফল যুৱক। প্রায় ছয় ফুট ওখ। পিন্ধনত দামী চার্ট-লংপেণ্ট। চকুৰ দৃষ্টি চঞ্চল। চকু-মুখত বুদ্ধিদীপ্ত।

প্রদীপ দত্তই হাত ঘড়ীটোলৈ চাই ব্যস্ত হৈ উঠিল- ক্ষমা কৰিব হালৈ। ব্যৱসায় সংক্রান্ত এটা কামত মই এঠাইলৈ যাব লগা আছে। ন বজাতে লগ কৰাৰ কথা। বাৰু, আজিৰ কাৰণে বিদায় মাগিছোঁ। কেতিয়াবা পুনৰ লগ পাম। অৰ্ণৱক উদ্দেশ্য কৰি এইদৰে কোৱাৰ পাছত জয়শ্ৰীক উদ্দেশ্য কৰি ক'লে- মিচ কাকতি, আপুনি কথাটোত গুৰুত্ব দিবমই আবেলি মানত আহি খবৰ কৰিমহি

প্রদীপ দত্ত ওলাই গ'ল। প্ৰদীপ দত্ত ওলাই যোৱাৰ পাছত জয়শ্ৰীয়ে পুনৰ সুধিলে- আজি ইমান পলমকৈ অহাৰ কাৰণ কি? 'ৰবালৈ গৈছিল নেকি?

অৰ্ণৱৰ চকুৰ আগত নিশাৰ ঘটনাবোৰ ভাহি উঠিল। বাঘে কামুৰিলে ওঠৰ ঘাঁ। থানা পুলিচৰ কথাও একেই। কি কথাই কোনফালে গতি কৰে একো ঠিক নাই। কিন্তু ঘটনাটোৰ বাবে সি মুঠেই জগৰীয়া নহয়। দৈৱক্ৰমে সি ঘটনাটোৰ লগত জড়িত হৈ পৰিছে। গতিকে সি কথাটো কোৱাত আপত্তিৰ কোনো কাৰণ নেদেখিলে। ক'লে সি- যোৱা নিশা এটি ডাঙৰ অঘটন ঘটি গ'ল। উজান বজাৰত যোৱা নিশা এগৰাকী ভদ্ৰ মহিলাক কোনোবা দুৰ্বৃত্তই হত্যা কৰিছে।

হত্যা! ক'? কেনেকৈ ? কথাটো শুনি জয়শ্ৰী সৰ্পদৃষ্ট মানুহৰ দৰে চক্ খাই উঠিল।

আপুনি হয়তো মাণিক মুদৈক জানেই। তেওঁৰ পত্নী মৃদুলা মুদৈক যোৱা নিশা কোনোবা দুৰ্বৃত্তই ছাদৰপৰা পেলাই হত্যা কৰিছে ।

মাণিক মুদৈৰ নাম মহানগৰীখনৰ প্ৰায় বিলাক থলুৱা মানুহেই জানে। সোণ ব্যৱসায়ী। বিদেশৰ পৰাও হেনো সোণ আনি বিক্ৰী কৰিছিল৷ কলিকতা, মুম্বাইতো হেনো তেওঁৰ ব্যৱসায় আছিল। বিদেশৰ পৰা চোৰাংকৈ সোণ আনি বিক্ৰী কৰিছিল। ছমাহমান আগতে তাৰ ঘৰত চিবিআইৰ ৰেইডপৰিছিল। চিবিআইয়ে বহু সোণ উদ্ধাৰ কৰি লৈ গৈছে। ফলত বৰ্তমান তাৰ ব্যৱসায় লাটত উঠিছে। মাণিক মুদৈক তাই ভালদৰেই জানে ৷ আগতে প্ৰায়ে সিহঁতৰ হোটেল লৈ আহিছিল । চি বি আইৰ ৰেইড পৰাৰ পাছত খুব কমকৈ আহে। কাচিৎ কেতিয়াবাহে আহে।

তথাপি জয়শ্ৰীয়ে কথাটো নিশ্চিত হোৱাৰ কাৰণে কলে- কোন মাণিক মুদৈ ? সেই সোণ ব্যৱসায়ী মাণিক মুদৈ নেকি ?

হয়। অর্ণৱে চমু উত্তৰ দিলে- আপুনি ভবাজনেই হয় ৷

জয়শ্ৰী কিছু চিন্তিত হৈ উঠিল। তাই সেমেনা-সেমেনি কৰি ক'লে- সি পৰহি কলিকতালৈ যোৱাৰ আগতে আমাৰ হোটেলতে আহাৰ গ্ৰহণ কৰি গৈছে। তাৰ লগত ছন্দা বৰ্মণ নামৰ ছোৱালী এজনীও আছিল। আহুকাণে-পহুকাণে শুনামতে সি হেনো ছন্দা বৰ্মণক বিয়া কৰোৱাৰ বাবে প্রস্তুতি চলাইছে! কলিকতাৰপৰা আহিয়ে বিয়া পতাৰ কথা আছে।

অৰ্ণৱ কৌতূহলী হৈ উঠিল। ক'লে- বিয়া! ই কেনেকৈ সম্ভৱ ! সি দেখোন ইতিমধ্যেই বিবাহিত। তদুপৰি তাৰ দেখোন আধা বয়স পাৰ হৈ গৈছে! এনেস্থলত........অর্ণৱে ইচ্ছাকৰিয়ে বাক্যটো সম্পূর্ণ নকৰিলে ৷

দেহৰ ভোগে আচাৰ নামানে হালৈ। জয়শ্ৰীয়ে ওঁঠত প্ৰসন্ন স্মিত হাঁহিৰ ৰেখা ফুটাই ক'লে- ভাল বস্তু দেখিলে কাৰনো খাবলৈ মন নাযায় ! তদুপৰি মুদৈ দম্পত্তি বিয়াত সোমোৱা প্ৰায় দহ বছৰেই পাৰ হ'ল। এতিয়ালৈকে সিহঁতৰ কোনো সন্তানৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাই। সন্তান নহ'লে তাৰ সম্পত্তিৰ গৰাকী কোন হ'? সেই কাৰণেই হয়তো.......

10অর্ণৱে বিহ্বলৰ দৰে কলে- অৱশ্যে আপোনাৰ যুক্তি উলাই কৰিবপৰা বিধৰ নহয় । কাৰণ বিয়াৰ তিনি চাৰি বছৰ পাছত সন্তান উৎপাদন কৰিব নোৱাৰিলেই আমাৰ সমাজত নাৰীৰ ওপৰতে সকলো দোষ জাপি দিয়া হয় । সন্তান লাভৰ কাৰণে নাৰীৰ ওপৰত এই নির্যাতন আজিৰ নহয়। মহাভাৰতৰ যুগত একমাত্র বংশ ৰক্ষাৰ দোহাই দি নাৰীক ক্ষেত্ৰজ সন্তান জন্ম দিয়াবলৈ বাধ্য কৰোৱা হৈছিল। গতিকে মুদৈয়ে দ্বিতীয় বিবাহ কৰোৱোটো একো আচৰিত কথা নহয় ৷ কিন্তু আপোনাৰ এই কথা কিমানদূৰ সঁচা ?

জয়শ্ৰীয়ে মেজত চাপৰ মাৰি উছ্‌বসিত কণ্ঠত কলে- এশ শতাংশই সঁচা। প্রমাণ লাগিলে মই আপোনাক প্ৰমাণো দিব পাৰিম । তদুপৰি মোৰ সন্দেহ হৈছে, মৃদুলা মুদৈৰ হত্যাৰ আঁৰতো এই বিয়াৰ সম্বন্ধ আছে !

অর্ণৱে কৌতুক অনুভৱ কৰি ক'লে- হয় নেকি!

জয়শ্ৰীয়ে দৃঢ় কণ্ঠত কলে- ৰ', মই এতিয়াই আপোনাক প্রমাণ দি আছো। এইদৰে কৈয়ে তাই কলিংবেলত বিশেষ ভংগীত হেঁচা মাৰিলে। লগে লগে ওৱেটাৰ এজন আগবাঢ়ি আহিল। তাই ওৱেটাৰজনক উদ্দেশ্য কৰি ক'লে- যোৱাচোন, মই বিপ্লৱক মাতিছোঁ বুলি কোৱাগৈ। আচলতে এই হত্যাৰ লগত মাণিক মুদৈৰ দ্বিতীয় বিয়াৰ প্ৰশ্নটো জড়িত হৈ আছে বুলি মই এক প্ৰকাৰ নিশ্চিত। বিপ্লৱৰ মুখৰপৰা সিদিনাৰ ঘটনাটো শুনিলে আপুনিও কথাটো বিশ্বাস কৰিবলৈ বাধ্য হ'ব।

অৰ্ণৱৰো কথাটো বিশ্বাস হ'ল। নাৰীক লৈ যুগে যুগে কিমান যে ঘটনা সংঘটিত হৈ আছে! নাৰীৰ বাবে কিমান সংসাৰ ধ্বংস হৈছে, কিমান ৰজাই ৰাজ্য হেৰুৱাইছে, কিমানজনে ঘৰ-সংসাৰ এৰি সন্ন্যাস গ্রহণ কৰিছে! নাৰীৰ বাবে কিমান যে ভঙা-গঢ়াৰ খেল চলি আছে সৃষ্টিৰ পাতনিৰে পৰা ৷ কথাতে কয়, অৰ্থ আৰু নাৰী অনৰ্থৰ মূল। সৃষ্টি, স্থিতি লয় নাৰীৰ মাজতে । নাৰীয়ে সৃষ্টি কৰিছে- নাৰীয়েই আকৌ ধ্বংস কৰিছে। নাৰীক আদ্যা শক্তিৰূপে পূজা কৰা হৈছে আৰু সেই নাৰীকেই আকৌ ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হৈছে। পুৰুষ শাসিত সমাজ ব্যৱস্থাত নাৰীক মাতৃৰ মৰ্যদা দিয়া হৈছে, সেই নাৰীয়েই আকৌ অশেষ লাঞ্ছনা-গঞ্জনা, নির্যাতন সহিব লগা হৈছে। ধৰ্ষণ হত্যাৰ জৰিয়তে যুগে যুগে নাৰীক নির্মমভাবে অৱমাননা কৰা হৈছে।

অর্ণৱে মাথোন জয়শ্রীক শলাগিলে- জানো !

পৰিচাৰক এজন কাউণ্টাৰ লৈ সোমাই আহিল। জয়শ্ৰীয়ে কোনো ধৰণৰ ভূমিকা নকৰাকৈ পৰিচাৰকজনক উদ্দেশ্য কৰি ক'লে-- কোৱাচোন বিপ্লৱ, সিদিনা মাণিক মুদৈ আৰু ছন্দা বৰ্মণৰ মাজত কি কথা-বতৰা হৈছিল?

বিপ্লৱে ভয়-বিহ্বল দৃষ্টিত অৰ্ণৱৰ ফালে চালে। জয়শ্ৰীয়ে তাৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি ক'লে- একো নহয় ৷ এওঁ আমাৰে মানুহ । সিদিনা শুনা কথাবোৰ এফালৰপৰা কৈ যোৱা

জয়শ্ৰীৰ অভয়বাণীতো বিপ্লৱৰ শংকা দূৰ নহ'ল। সি প্ৰতিশ্ৰুতি বিচাৰিলে- কিন্তু মাণিক মুদৈক এই কথা কেতিয়াও নক'ব। কাৰণ মোৰ চাকৰিৰ কথা আছে! গ্ৰাহকৰ অন্তৰংগ মুহূৰ্তৰ কথা প্ৰকাশ কৰা বুলি জানিলে মালিকে মোক কামৰপৰা আজৰাই দিব। তেতিয়া আপুনিও মোক বচাব নোৱাৰিব ।

একো নহয় । জয়শ্ৰীয়ে আশ্বাস দিলে- আমি থাকোঁতে তোমাৰ একো ভয় নাই।

জয়শ্ৰীৰপৰা প্ৰতিশ্ৰুতি লৈ বিপ্লৱে অৰ্ণৱৰ ফালে চালে। অৰ্ণৱৰো কথাটো জনাৰ কাৰণে ইতিমধ্যে আগ্ৰহ উপজিছিল। সেয়ে সি নিজে ও প্রতিশ্রুতি দিলে- তোমাৰ কোনো অপকাৰ আমি হ'বলৈ নিদিওঁ। কোৱা ৷

সিহঁতৰ পৰা প্ৰতিশ্ৰুতি পাই বিপ্লৱ উচ্ছ্বসিত হৈ উঠিল। কথা নহয়, যেন মূৰৰ বোজাহে। ক'ব পাৰিলেই যেন তাৰ মূৰৰ পৰা বোজা নামি যায়! তাৰ পৰা উচ্ছাসৰ ধাৰণা হ', যেন সি ইতিমধ্যে বহুতকে কৈ অঁতাইছে ঘটনাটো। সি ৰহস্যময় ভংগীত সিদিনা শুনা কথাবোৰ এফালৰপৰা কৈ গ'ল। তাৰ কথাৰ সাৰমৰ্ম আছিল এনেকুৱা-

সিদিনা সি মাণিক মুদৈহঁতক পানীয় দিবলৈ গৈছিল। মাণিক মুদৈৰ লগত সিদিনা ছন্দা বর্মণো তাত উপস্থিত আছিল ৷ মাথোন সিদিনাই নহয়, প্রতি মাহে সিহঁত হোটেলখনত উপস্থিত হৈ একেলগে কিছু সময় পাৰ কৰে।

বিপ্লৱে কোঠালিটোৰ ভিতৰলৈ সোমাই যাবলৈ ধৰোঁতেই মাণিক মুদৈক কোৱা শুনিলে- বিবাহিত হ'লো বুলি কি হ'? দহ বছৰে তাই মোক এটা সন্তানো দিব নোৱাৰিলে। তুমি মত দিলে মই তাইক ডিভোর্চ দিম।

ছন্দাই প্রতিবাদ কৰি ক'লে- তোমাক মই তোমাৰ তাগিদা মতেই প্রাপ্য আদায় দি আছো। কোনোদিন এটা টকাও কম দিয়া নাই। ইয়াতেই সন্তুষ্ট থাকা। বিয়াৰ কথা সপোনতো নাভাবিবা

সিহঁতৰ এইখিনি কথা শুনাৰ পাছত বিপ্লৱ কৌতূহলী হৈ উঠিছিল আৰু দুৱাৰ মুখত ৰৈ গৈছিল৷

মাণিক মুদৈয়ে কলে- ভাবি চোৱা ছন্দা, তোমাৰ জীৱন-মৃত্যুৰ চাবিপাত এতিয়া মোৰ হাতত। এই কথা তুমি পাহৰি নাযাবা । ম‍ই ইচ্ছা কৰিলে......

ছন্দাই আবেদনৰ সুৰত ক'লে- তোমাক মই কাবৌ কৰিছোঁ। তুমি মোক মুক্তি দিয়া। তুমি বিচৰা মতেই ম‍ই প্রাপ্য আদায় দি আছো। এতিয়া মোক মুক্তি দিয়া । মই পৰিয়ালৰ পৰা এইবোৰ কথা কিমান দিন লুকাই ৰাখিম। তুমি মোৰ বস্তুবোৰ দি দিয়া।

মাণিক মুদৈয়ে দৃঢ় কণ্ঠত কলে- তুমি এই বিয়াত মত দিলেই সকলো বস্তু নষ্ট কৰি পেলোৱা হ'ব। তেতিয়া তোমাৰ কোনো টেনচনেই নাথাকিব।

ছন্দা ফেট তুলি উঠিল- তোমাৰ দৰে এজন বৰ্বৰক বিয়া কৰোৱাটো কেতিয়াও সম্ভৱ নহয়৷

মোক বৰ্বৰ বুলি কৈছা ? মাণিক মুদৈয়ে কলে- ইচ্ছা কৰিলে মই তোমাৰ বহু ক্ষতি কৰিব পাৰিলোহেঁতেন। কিন্তু মানৱতাৰ খাতিৰত কৰা নাই। তথাপি মোক বৰ্বৰ বুলি কৈছা?

মাথোন বৰ্বৰেই নহয়। ছন্দাই ক'লে- তুমি ভণ্ড প্ৰতাৰক। তোমাৰ দৰে মানুহৰ মৃত্যুৰ পাছত নৰকতো ঠাই নহ'ব।

মাণিক মুদৈয়ে গে গেক্‌কৈ হাঁহি মাৰি ক'লে- আৰু মোৰ প্ৰস্তাৱত মান্তি নহ'লে জীৱন কালতে তুমি নৰক যন্ত্ৰণা ভোগ কৰিব লাগিব ৷ তুমি কোনটো বিচৰা? মোক বিয়া কৰাই শান্তিত থাকিবা, নে মোৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি এই পৃথিবীতে নৰক যন্ত্ৰণা ভোগ কৰিবা?

ছন্দাই এইবাৰ মোক্ষম অস্ত্ৰপাত প্রয়োগ কৰিলে- তেনেহ'লে মই আত্মহত্যা কৰিম। আত্মহত্যা কৰাৰ আগত তোমাৰ বৰ্বৰতাৰ কাৰণে আত্মহত্যা কৰিছোঁ বুলি নোট লিখি থৈ যাম।

মাণিক মুদৈয়ে ওঁঠত ব্যংগ মিহলি হাঁহিৰ ৰেখা ফুটাই ক'লে- আত্মহত্যা কৰাটো ইমান সহজ নহয়। বিশেষকৈ তোমাৰ দৰে ছোৱালীৰ বাবে। আত্মহত্যাৰ কথাটো মুখত কোৱা সহজ, কিন্তু বাস্তৱ সত্যৰ মুখা-মুখি হোৱাটো বৰ টান৷

এইদৰে সিহঁতৰ মাজত কিছু সময় যুক্তিতর্ক চলিল। শেষত ছন্দাই প্ৰসংগটো সামৰিবলৈ আত্ম সমৰ্পণৰ ভংগীত ক'লে- ঠিক আছে। মই সন্মত। কিন্তু তাৰ আগতে তুমি তোমাৰ পত্নীক ডিভোর্চ দিব লাগিব ।

মাণিক মুদৈয়ে প্রতিশ্রুতি দিলে- এই বিষয়ে তুমি চিন্তা কৰিব নালাগে। দুই এদিনৰ ভিতৰতে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু ৷ ম‍ই কাইলৈ কলিকতালৈ যাম আৰু কলিকতাৰ পৰা উভতি আহিয়ে তাইক ডিভোৰ্চ দিয়াৰ ব্যৱস্থা কৰিম ৷'

জয়শ্ৰীয়ে বিপ্লৱক বাধা দি কলে- ঠিক আছে। আৰু ক'ব নালাগে। প্রয়োজন হ'লে আমি পাছত শুনিম, বাৰু। তুমি এতিয়া যোৱা।

বিপ্লৱ কাউণ্টাৰৰ পৰা ওলাই যোৱাৰ পাছত জয়শ্ৰীয়ে সুধিলে- কি বুজিলে ? এই হত্যাৰ আঁৰৰ মানুহজন মাণিক মুদৈৰ বাহিৰে আন কোনো হবই নোৱাৰে। আমি ইচ্ছা কৰিলে এইখিনি কথাৰেই মুদৈৰ পৰা কিছু টকা সৰকাব পাৰিম৷

অৰ্ণৱ উচাপ খাই উঠিল- অর্থাৎ!

জয়শ্ৰীৰ চকুত বিচিত্ৰ দৃষ্টি উজলি উঠিল। ক'লে- অৰ্থাৎ, বিপ্লৱে কোৱা কথাখিনি পুলিচৰ আগত কলে মাণিক মুদৈ জে'ললৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত। কিন্তু আমি কথাখিনি পুলিচৰ আগত নকৈ যদি মাণিক মুদৈক কওঁ, তেতিয়া জে'ললৈ যোৱাৰ ভয়ত সি আমাৰ লগত হাত মিলাবলৈ বাধ্য হ'ব।

মানে?

মানে, আমি মাণিক মুদৈক ব্লেকমেল কৰিম। জয়শ্ৰীয়ে চমু উত্তৰ দিলে

বিপ্লৱৰ কথা শুনি মাণিক মুদৈৰ প্ৰতি অৰ্ণৱ কিছু বিদ্ৰোহী হৈ উঠিছিল যদিও ব্লেকমেলৰ কথা শুনি সি ভয়-বিহ্বল হৈ উঠিল। কলে- মাণিক মুদৈয়ে শাস্তি পোৱাটো ময়ো কামনা কৰো; কিন্তু ব্লেকমেলৰ জৰিয়তে অৰ্থ সংগ্রহ? নাই নাই, মোৰ দ্বাৰা এই কাম সম্ভৱ নহ'ব। ক্ষমা কৰিব। মোৰ টকাৰ প্ৰয়োজন আছে ঠিকেই, কিন্তু ব্লেকমেইলিঙৰ জৰিয়তে টকা ঘটাৰ কথা মই সপোনতো কোনোদিন কল্পনা কৰা নাই।

অৰ্ণৱৰ সততা দেখি জয়শ্ৰীৰ চকুত অদ্ভুত দৃষ্টি খেলি গ'ল। তাই তিৰস্কাৰৰ সুৰত ক'লে-বুৰ্বক হ'বলৈ চেষ্টা নকৰিব। শৰীৰৰ তেজ পানী কৰি অট' চলাই আপুনি কেইটা টকা উপাৰ্জন কৰিব পাৰে? মাণিক মুদৈয়ে অসৎ উপায়ে লাখ লাখ টকা আর্জিছে। ভাগ্য ভাল হ'লে আমি এটা দিনৰ ভিতৰতে লাখপতি হ'ব পাৰিম। এইদৰে প্রলোভিত কৰিবলৈ চেষ্টা কৰি জয়শ্ৰীয়ে টোপ পেলালে- আপুনি আপোনাৰ পৰিয়ালটো সুখী হোৱাটো নিবিচাৰে নেকি ?

নিশ্চয় বিচাৰে। পৰিয়ালটোক সুখী কৰাৰ কাৰণেই অৰ্ণৱ দহ বছৰ আগত এইখন চহৰলৈ আহিছে।

তাৰ চকুৰ আগত দহ বছৰ আগৰ কিছুমান খণ্ডচিত্র ভাহি উঠিল-

অৰ্ণৱ তেতিয়া অষ্টম মানৰ ছাত্ৰ ৷ লিখা-পঢ়াতো ভাল। লিখা-পঢ়াৰ প্ৰতি ধাউতিও আছিল যথেষ্ট। কিন্তু অভাৱৰ কাৰণে তাৰ লিখা-পঢ়া শিকা নহ'ল ।

এৰাতি ভাত-পানী খোৱাৰ পাছত দেউতাক প্ৰণৱ হালৈয়ে তাক ক'লে- অৰ্ণৱ, তোক এষাৰ কথা ক'ব খুজিছো। মই জানো কথাটো শুনি তই মনত দুখ পাবি । কিন্তু বৰ্তমান ইয়াৰ বাহিৰে মোৰ বেলেগ উপায় নাই। তয়েই ঘৰখনৰ ডাঙৰ ল'ৰা। সম্পত্তি বুলিবলৈ মাথোন তিনি বিঘা খেতিৰ মাটি। বেমাৰী দেহাৰে মই সাতটা প্ৰাণী পোহপাল দিয়াটো মোৰ কাৰণে খুবেই কঠিন হৈ পৰিছে। তই সহায় নকৰিলে মোৰ পক্ষে পৰিয়ালটো পোহপাল দিয়াটো সম্ভৱ নহ'ব।

কথাবোৰ কওঁতে দেউতাকৰ চকুযোৰ চল্‌চলীয়া হৈ উঠিল। দেউতাকে তাক এনে কি কথা ক'ব খুজিছে যাৰ কাৰণে চকু চলচলীয়া হ? দেউতাকে ক'ব খোজা কথাষাৰ নিশ্চয় তাৰ কাৰণে শুভ নহয়। তথাপি দেউতাকৰ বিচলিত অৱস্থা প্ৰত্যক্ষ কৰি সি অনিচ্ছাসত্ত্বেও সুধিলে- কি ক'ব খুজিছে স্পষ্ট কৰি কওঁক।

দেউতাকে কলে- তই লিখা-পঢ়া বাদ দিব লাগিব ৷

অৰ্ণৱৰ এনেকুৱা উপলব্ধি হ', যেন সি দেউতাকৰ মুখৰপৰা তাৰ মৃত্যু দণ্ডাদেশহে শুনিলে। বিষাদত যেন তাৰ জ্যোৎস্নালোক অন্ধকাৰে আৱৰি ধৰিলে। তাৰ দেহ শ্রান্ত-ক্লান্ত অৱসন্ন হৈ উঠিল। সি মুখেৰে এষাৰ কথাও উচ্চাৰণ কৰিব নোৱাৰিলে।

দেউতাকে পুনৰ কলে- এৰা, তই লিখা-পঢ়া এৰিব লাগিব। দুখীয়াৰ কাৰণে লিখ-পঢ়া নহয়, বোপা। মহাজনৰপৰা তোৰ মাৰৰ চিকিৎসা বাবদ পাঁচশ টকা সুতত লৈছিলো। এতিয়ালৈকে সেই টকা পৰিশোধ কৰিবপৰা নাই। মহাজনে টকাৰ কাৰণে কিছুদিনৰ পৰা তাগিদা দি আছে। টকা দিব নোৱাৰিলে এতিয়া মাটিয়ে দিব লাগিব। মাথোন তিনি বিঘা খেতিৰ মাটি। তাৰপৰা এবিঘা মাটি দিলে তেতিয়া খেতিৰ মাটিয়ে নোহোৱা হ'ব। তেতিয়া চলিম কেনেকৈ? তই মহাজনৰ ঘৰত চাকৰ খাটি টকাকেইটা পৰিশোধ কৰিব লাগিব। সদ্যহতে মই ইয়াৰ বাহিৰে বেলেগ কোনো উপায়ে দেখা নাই ।

দেউতাকৰ কথা শুনি তাৰ সৰ্বশৰীৰত যেন এজাক হিম-শীতল বতাহ বৈ গ'ল । তাৰ মন বিদ্ৰোহী হৈ উঠিল; কিন্তু দেউতাকৰ নিৰ্লিপ্ততা আৰু বেদনাচ্ছন্ন মুখৰ ফালে চাই সি এষাৰ কথাও উচ্চাৰণ কৰিব নোৱাৰিলে।

পাছদিনা দেউতাকে অৰ্ণৱক মহাজনৰ ঘৰলৈ লৈ গ'ল। দৰমহা মাহিলী ত্ৰিছ টকাকৈ দিয়াৰ সিদ্ধান্ত হ'ল। কাম-বন ভাল দেখিলে কেইমাহমান পাছত দহ টকা বঢ়াই দিব বুলি আশ্বাস দিলে।

মহাজনৰ ঘৰত তাৰ কাম আছিল, ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈ হাল-কোৰ মাৰা আৰু আবেলি চাৰিহাল গৰুৰ দানা-পানী যোগাৰ কৰাঅৰ্ণৱৰ বাহিৰেও আৰু তিনিজন হালোৱা আছিল মহাজনৰ। সেই হালোৱা কেইজনৰ মাজত তাৰ সম্বন্ধীয় ককায়েক নবীনো আছিল।

নবীনে এদিন তাক আজৰি পৰত অকলে পাই ক'লে- অৰ্ণৱ তই লিখা-পঢ়া এৰি এইবোৰ কামত কিয় ধৰিলি। আমি চাকৰ সোমাই জীৱনটো বৰবাদ কৰিলো। তয়ো জীৱনটো বৰবাদ কৰিব খুজিছ নেকি? চাকৰ খাটি তই জীৱনত একো কৰিব নোৱাৰিবি।

নবীনৰ সহানুভূতিত অৰ্ণৱৰ চকুযুৰি চল্‌চলীয়া হৈ উঠিল ৷ সি হুমুনিয়াহ কাঢ়ি কলে- কি কৰিম, ককাই! ইয়াৰ বাহিৰে জানো আমাৰ দৰে দুখীয়া মানুহৰ বেলেগ উপায় আছে? লিখা-পঢ়া শিকিলো অষ্টম মানলৈ; চাকৰি-বাকৰি কৰাৰ যোগ্যতা নহ'ল। মাটিও নাই যে ঘৰতে খেতি-বাতি কৰিম ৷ মোৰতো লিখাপঢ়া শিকাৰে মন আছিল; পৰিয়ালৰ কথা ভাবিহে এৰিব লগা হ'ল। ইমান ডাঙৰ পৰিয়াল এটা পোহপাল দিয়াটো দেউতাৰ কাৰণে কঠিন হৈ পৰিছিল। সেয়ে দেউতাকক সকাহ দিয়াৰ কাৰণে লিখা-পঢ়া এৰিবলৈ বাধ্য হৈছোঁ। কপালৰ লিখন খণ্ডাবা কেনেকৈ?

এৰা। নবীনে ক'লে- কপালৰ গুণতে হয় তিৰি গিৰি, কপালত নাথাকিলে হয় হতচিৰি। এইদৰে কৈ হঠাৎ মনত পৰাৰ দৰে ক'লে- শুনিছোঁ, মেট্ৰিক পাছ নকৰিলেও হেনো চহৰত সৰু-সুৰা কাম কৰিব পাৰি। চহৰত হেনো বতাহত টকা উৰে। মাথোন ধৰিব পাৰিলেই হ'ল। যেহেতু তই কিছু লিখা-পঢ়া শিকিছ, চহৰলৈ গৈ চেষ্টা কৰি নোচোৱা কিয় ! কিজানি কপাল ফুলেই!

নবীনৰ কথাই অৰ্ণৱৰ মনটো প্ৰচণ্ডভাবে জোকাৰি গ'ল। তাৰ দেহ-মন আলোড়িত হৈ উঠিল। দুবৰি বনত নিয়ৰ কণিকা জিলিকাৰ দৰে তাৰ চকুৰ আগত এক উজ্জ্বল ভৱিষ্যতৰ সপোন জিলিকি উঠিল।

ইয়াৰ পাছত আৰম্ভ হৈছিল এক দীর্ঘ প্রতীক্ষা। কাৰণ মহাজনৰ লগত তাৰ এবছৰৰ বন্দৱস্ত হৈছিল। গতিকে বন্দৱস্তৰ ম্যাদ শেষ নোহোৱালৈকে সি মহাজনৰ কাম এৰি অহাটো সম্ভৱ নাছিল ৷ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ম্যাদ শেষ হোৱাৰ পাছত ঘৰলৈ আহি পুনৰ বন্দৱস্ত হোৱাৰ আগতেই সি অনিশ্চিত যাত্ৰা পথত ভৰি দিলে।

অজানা অচিন চহৰ৷ অগণন মানুহ, গাড়ী-মটৰৰ ভিৰ। চহৰৰ অৱস্থা দেখি অৰ্ণৱ বিস্মিত হৈ পৰিল। এফালে মনত যেনেকৈ পুলক জাগি উঠিল, আনফালে জাগি উঠিল উৎকণ্ঠা। সি ক'লৈ যাব? কি কৰিব? কোনো এখন ঠাইৰে সি নাম নাজানে। অসংখ্য মানুহৰ ভিৰৰ মাজত এখনো মুখ তাৰ চিনাকি নহয় । সি যেন এখন জন অৰণ্যৰ মাজত সোমাই পৰিছে। সকলো নিজৰ নিজৰ কামত ব্যস্ত । কোনেও কাৰো খবৰ লোৱাৰ যেন আহৰি নাই। কাৰোবাক কিবা সুধিবলৈও সি সাহস গোটাব নোৱাৰিলে । সময় বাগৰাৰ লগে লগে তাৰ উৎকণ্ঠা বাঢ়ি যাবলৈ ধৰিলে। মনত সঞ্চাৰিত হ'ল ভয়। হৃদয়ৰ ভয়ৰ প্ৰতিবিম্ব চকু-মুখত প্ৰস্ফুটিত হ'ল। শুকান বালিয়ে পানী শুহি নিয়াৰ দৰে তাৰ মনৰ পৰা আশা-আকাংক্ষাবোৰ নাইকীয়া হৈ যাবলৈ ধৰিলে ৷ এক প্রচণ্ড হতাশাত তাৰ দেহ-মন ভৰি পৰিল । বাৰে বাৰে ঘৰলৈ মনত পৰিবলৈ ধৰিলে। তাৰ চকুৰ কোণত চকুলো বিৰিঙি উঠিল। অকনমান সহায়, অকনমান সহানুভূতিৰ আশাত সি অসহায়ভাবে মানুহবোৰৰ ফালে চাবলৈ ধৰিলে।

হঠাৎ এজন মানুহ তাৰ সন্মুখত ৰৈ গ'ল। মানুহজনে অৰ্ণৱৰ ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি সুধিলে- ভাইটি, চহৰলৈ নতুনকৈ আহিছা নেকি?

অপ্রত্যাশিত প্রশ্নত অৰ্ণৱ অপ্রস্তুত হ'ল। সি সকৌতুকে মানুহজনৰ ফালে চালে। এজন ত্ৰিছ বত্ৰিছ বছৰীয়া যুৱক। যুৱকজনৰ চকুত সকৌতুক দৃষ্টি।

অর্ণৱে সেপ ঢুকি কলে- হয়, নতুনকৈ আহিছো ।

যুৱকজনে সুধিলে- যাবা কলৈ ?

অর্ণৱে আহত কণ্ঠত কলে- নাজানো। কলৈ যাম, কি কৰিম, একো নাজনো ।

নাজানা। যুৱকজনে বিস্মিত কণ্ঠত কলে- মানে? ৰাতি থাকিবা ক'? ঘৰৰ পৰা পলাই আহিছা নেকি ?

যুৱকজনৰ শেষৰ কথাফাকিত অৰ্ণৱ আহত হ'ল। অনিচ্ছাসত্ত্বেও সি যুৱকজনৰ আগত চহৰলৈ অহাৰ উদ্দেশ্য ভাঙি পাতি ক'লে৷

অৰ্ণৱৰ মুখত সকলো শুনি যুৱকজনৰ অৰ্ণৱৰ প্ৰতি সহানুভূতি উপজিল । সি এজন ৰাজমিস্ত্রি। তাৰ মানুহৰো প্ৰয়োজন ।

যুৱকজনে ক'লে- মই এজন ৰাজমিস্ত্রি । আমাৰ ঘৰো গাঁৱত ৷ মোৰ লগত গ'লে তুমি ৰাজমিস্ত্ৰিৰ যোগালিৰ কাম কৰিব পাৰিবা ৷ পৰিশ্ৰমৰ কাম। কৰিব পাৰিবা জানো ৷

অর্ণৱে যেন হাতত সৰগ ঢুকি পালেসি যিকোনো কাম কৰিবলৈ প্ৰস্তুত ৷ তাক এতিয়া মূৰ গোঁজাৰ কাৰণে ঠাই লাগে। সেয়ে সি ক'লে- পাৰিম। মোৰ পৰিশ্ৰম কৰাৰ অভ্যাস আছে।

যুৱকজনে অৰ্ণৱক নিজৰ ভাড়াঘৰলৈ লৈ আহিল ।

সেই যুৱকজনেই আছিল অৰ্ণৱৰ পথ প্ৰদৰ্শক, অভিভাৱক, বন্ধু অভিজিৎ।

অৰ্ণৱৰ লিখা-পঢ়াৰ প্ৰতি ধাউতি দেখি কিছুদিন কাম কৰাৰ পাছত অভিজিতে তাক কিতাপ কিনি দি স্কুলত নাম লগাই দিলে আৰু লিখা- পঢ়াৰ সুবিধাৰ কাৰণে তাক এখন পাণ-দোকান দি দিলে। দিনত পাণ-দোকান কৰে, ৰাতি কিতাপ পঢ়ে। অভিজিতে তাক উৎসাহিত কৰি থাকে। এনেকৈয়ে সি দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ পাছত অভিজিতে অট'ৰ লাইচেঞ্চ কৰি দি অট' চলাবলৈ শিকালে ৷ ৰাজমিস্ত্ৰি হিচাপে অভিজিতৰ বহু গণ্য-মান্য ব্যক্তিৰ লগত চিনাকি আছিল । সিহঁতৰে এজনৰ সহায়ত অভিজিতে তাক বেংকৰপৰা ঋণত অটএখন লৈ দিলে। অভিজিতৰ পৰামৰ্শ অনুসৰি সি কলেজতো ভৰ্তি হ'ল। অটচলোৱাৰ ফাঁকে ফাঁকে পঢ়ি সি বি, এ পাছ কৰিলে। বি, এ পাছ কৰাৰ পাছত আইন মহাবিদ্যালয়ত ভৰ্তি হৈ আইনৰ অধ্যয়ন চলাই আছে। অধ্যয়নৰ সমান্তৰালভাবে সি ছটা প্ৰাণীৰ এক বৃহৎ পৰিয়ালো পোহপাল দিব লাগে। সেয়ে তাৰ টকাৰ প্ৰয়োজন আছে। কিন্তু অসৎ উপায়ে অর্থ সংগ্ৰহৰ কথা সি সপোনতো কল্পানা কৰিব নোৱাৰে।

অৰ্ণৱক মনে মনে থকা দেখি জয়শ্ৰীয়ে ক'লে- মনে মনে থাকিল যে! কিবা এটা কওঁক।

অর্ণৱে পোনপটীয়াভাবে জয়শ্ৰীৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিলে- ভাবি-চিন্তি দেখিলো মোৰদ্বাৰা এই কাম সম্ভৱ নহ'ব। মই পৰিয়ালটো সুখী হোৱাটো বিচৰো ঠিকেই; কিন্তু অসৎ উপায়ে নহয়, সৎ উপায়েৰে মই মোৰ পৰিয়ালটো সুখী কৰিব বিচাৰো ।

সততা ! এইবোৰ কিতাপৰ পাতত শোভা পায়, বাস্তৱত ইয়াৰ কোনো মূল্য নাই। সততাৰে মানুহৰ মন ভৰে, কিন্তু পেট নভৰে, বুজিছে। জয়শ্ৰীয়ে তিৰস্কাৰৰ সুৰত ক'লে ৷

অর্ণৱে প্রশ্নবোধক দৃষ্টিত জয়শ্ৰীৰ ফালে চালে। জয়শ্ৰীয়ে অৰ্ণৱৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি ক'লে- ধৰক, আমি হত্যাকাণ্ডটোৰ এটা তদন্ত কৰিবলৈহে ওলাইছোঁ। এনেকুৱা উপলব্ধি মনলৈ আনিব পাৰিলেই মনত বল পাব। এনেতে পৰিচাৰকজনে দুকাপ চাহ দি গ'ল। জয়শ্ৰীয়ে চাহৰ কাপ অৰ্ণৱৰ ফালে আগবঢ়াই ক'লে- চাহ খাওঁক । আচলতে জীৱনত প্ৰতিষ্ঠিত হ'বলৈ হ'লে কিছু ৰিক্সবই লাগে।

জয়শ্ৰীৰ কথাত বাস্তৱতা থাকিলেও অৰ্ণৱ প্ৰতিবাদ কৰি উঠিল- সেই বুলি টকাৰ কাৰণে নীতি বর্হিভূত কাম.......

অৰ্ণৱৰ কথা শেষ হোৱাৰ আগতেই চিলনীয়ে থাপ মাৰি নিয়াৰ দৰে জয়শ্ৰীয়ে অৰ্ণৱৰ মুখৰপৰা কথা কাঢ়ি নি কলে-কওঁক, কোনে অসৎ কাম কৰা নাই? ন্যায়-নীতি মাথোন কাপোৰৰ দৰে শিষ্টাচাৰহে। কাপোৰৰ তলত আটাইৰে উলংগ মন এটা আছে। মানুহে সেই উলংগ মনটোক শিষ্টাচাৰৰ আৱৰণেৰে ঢাকি ৰাখে । সৎ উপায়ে দেহৰ ঘাম ভৰিত পেলাই আপুনি কেতিয়াও কেবা মহলীয়া অট্টালিকাৰ গৰাকী হব নোৱাৰে। অট্টালিকাৰ গৰাকী হ'বলৈ হ'লে আপুনি কিবা নহয় কিবা অসৎ কামৰ আশ্ৰয় ল'বই লাগিব ।

অসৎ উপায়ে মই স্বৰ্গলৈও যাব নিবিচাৰো। অর্ণৱে খাটাংকৈ জনাই দিলে।

জয়শ্ৰীয়ে দেখিলে অৰ্ণৱ বেলেগ পদাৰ্থৰে ৰৈী। টকাৰ লোভ দেখুৱাই অৰ্ণৱক প্ৰভাৱিত কৰা সম্ভৱ নহয়। সেয়ে তাই অৰ্ণৱক প্ৰভাৱিত কৰাৰ কাৰণে বেলেগ উপায় অৱলম্বন কৰাৰ কথা ভাবিলে ৷ আচলতে অৰ্ণৱৰ দৰে মানুহবোৰে লোভৰ বশৱৰ্তী হৈ কোনো কাম নকৰে ৷ কিন্তু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নৰকলৈ যাবলৈও কুণ্ঠাবোধ নকৰে। সেয়ে তাই অৰ্ণৱৰ বাবে উপযোগী উপায় অৱলম্বন কৰিলে- বাৰু, আপোনাৰ ঘৰত কোন কোন আছে?

মা-দেউতা আছে, ভাই-ভনী আছে। অর্ণৱে ক'লে- কিয় সুধিলে?

জয়শ্ৰীয়ে কলে- ধৰক, আপোনাৰ ভনীয়েকক কোনোবাই ব্লেকমেল কৰি আছে, তেতিয়া আপুনি সততা লৈ মনে মনে বহি থাকিব ?

 নিশ্চয় নাথাকো। অর্ণৱে ক'লে- জীৱনৰ বিনিময়ত হ'লেও তাইক উদ্ধাৰ কৰিম ।

জয়শ্ৰীয়ে কলে- ছন্দা বর্মণক আপোনাৰ ভনীয়েক বুলি ভাবক । তাইক লম্পট এজনে তাইৰ দুৰ্বলতাৰ সুযোগ লৈ ব্লেকমেল কৰি আছে৷ সেই লম্পটৰ কবলৰপৰা তাইক উদ্ধাৰ কৰাটো জানো আপোনাৰ সততাৰ ভিতৰত নপৰে?

নিশ্চয় পৰে। অর্ণৱে দৃঢ়কণ্ঠত কলে- ছন্দা বৰ্মণক মই লম্পটৰ কবলৰ পৰা উদ্ধাৰ কৰিম ঠিকেই, কিন্তু আপোনালোকে কোৱা ধৰণে নহয়, প্রয়োজন হ'লে মই পুলিচৰ সহায় লম।

আপুনি এই কাম ইমান সহজ বুলি ভাবিছে নেকি? জয়শ্ৰীয়ে ক'লে- আইন আবেগৰ দ্বাৰা পৰিচালিত নহয়- আইনে প্ৰমাণ বিচাৰে ৷ আমি আগতে প্রমাণ সংগ্ৰহ কৰিব লাগিব। প্রমাণ সংগ্ৰহ কৰিবলৈ হ'লে আমি ছন্দা বৰ্মণৰ লগত কথা পাতিব লাগিব ৷ তাৰ আগতে আপুনি ছন্দা বর্মণৰ আস্থাভাজন হ'ব লাগিব। নহ'লে তাই আপোনাৰ আগত তাইৰ মনৰ কথা কিয় খুলি কব!

কিন্তু কেনেকৈ? তাইকতো মই চিনিকে নাপাওঁ ।

সেই সুবিধা আমি কৰি দিম। জয়শ্ৰীয়ে ক'লে- মোৰ ওচৰত ছন্দাৰ ঘৰৰ ফোন নম্বৰ আছে। আপুনি তাইক ফোনত মাতিলেই হ'ল। এইখন হোটেলতে ছন্দাৰ লগত আপোনাৰ কথা পতাৰ ব্যৱস্থা কৰি দিম । এই বিষয়ে আপুনি ভাবিব নালাগে ।

কিন্তু মই মাতিলেই তাই আহিব কিয়?

আপুনি মাণিক মুদৈৰ লগত হোৱা কথাবোৰ কৈ পুলিচৰ ভয় দেখুৱালে তাই নিশ্চয় আহিব । কাৰণ মৃদুলা মুদৈৰ হত্যাৰ কথাটো হয়তো তাই ইতিমধ্যেই গম পাই গৈছে। আপুনি আজি আবেলি মানতে আহক ৷ ছন্দাই যাতে মিছা মাতিব নোৱাৰে জোচেফৰ লগত আলোচনা কৰি মই সেই ব্যৱস্থাও কৰি থ'ম। আপুনি এতিয়া যাওঁক। চাৰিমান বজাত আহিলেই হ'ব। এইদৰে কৈ জয়শ্ৰীয়ে ওঁঠৰ কোণত হাঁহিৰ ৰেখা বিৰিঙাই বহাৰপৰা উঠি অৰ্ণৱৰ কাণৰ গুৰিলৈ মুখ আনি ক'লে- ছন্দা দেখিবলৈ ঠিক অপেস্বৰীৰ দৰে । তাইৰ লগত কথা পাতি আপুনি ভালেই পাব।

জয়শ্ৰীৰ উশাহ-নিশাহৰ উষ্ম পৰশ লাগিত অৰ্ণৱৰ গালত। সি চঞ্চল হৈ উঠিল। তাৰ মনটো যেন স্নিগ্ধ গোলাপী জোনাকেৰে ভৰি পৰিল। জয়শ্ৰীয়ে কটাক্ষ হানি অপূর্ব হিল্লোল তুলি কাউণ্টাৰৰ পৰা ওলাই গ'ল ।

জয়শ্ৰী ওলাই যোৱাৰ পাছত বিহ্বলৰ দৰে অর্ণৱে কেইটামান মুহূর্ত তাইৰ অপসৃয়মান দেহৰ ফালে চাই থাকিল। সি জয়শ্ৰীৰ দেহ বল্লৰীৰ মাজত ছন্দা বৰ্মণৰ দেহ বল্লৰীৰ অপূৰ্ব হিল্লোল দেখিবলৈ পালে। ছন্দাই যেন তাক হাত বাউলি মাতিবলৈ ধৰিলে। কল্পনাতে সি ছন্দাৰ কল্পিত এক চিত্র মানস পটত আঁকি পেলালে। সি আচ্ছন্নৰ দৰে হাত ধুবলৈ বেচিনৰ ফালে আগুৱাই গ'ল।*

                                       চাৰি

আবেলি চাৰিমান বজাত অৰ্ণৱ হোটেল ফৰচুন পালেহি। জয়শ্রী তেতিয়া কিবা হিচাপলৈ ব্যস্ত হৈ আছিল। অৰ্ণৱক দেখিয়ে তাই হিচাপৰ বহী সামৰি থৈ অৰ্ণৱৰ ফালে চাই অৰ্থপূৰ্ণ হাঁহি মাৰি তাক উষ্ম অভ্যর্থনা জনালে- আহক হালৈ ৷ আমি আপোনাৰ কাৰণেই অপেক্ষা কৰি আছো ৷

জয়শ্ৰীৰ কথাত অৰ্ণৱৰ বুকুখন দুৰুদুৰুকৈ কঁপি উঠিল। আচলতে অর্ণৱে আজি অট' চলোৱা নাই। ভাড়াঘৰতে শুই-বহি আজি সি ওৰেটো দিন ছন্দাৰ কথা ভাবি ভাবি পাৰ কৰিছে। ছন্দা দেখিবলৈ কেনেকুৱা ? তাইৰ লগত কেনেকৈ কথা পাতিব। তাইক মাণিক মুদৈৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ', নে নাই? জয়শ্ৰীয়ে তাক এই কামৰ দায়িত্ব কি কাৰণত অৰ্পণ কৰিলে। জয়শ্ৰীয়ে শেষত গৈ তাক কিবা বিপদত পেলাব নেকি? ইত্যাদি ইত্যাদি....

সেয়ে অর্ণৱে কম্পিত কণ্ঠত সি সুধিলে- ছন্দা বৰ্মণ আহিছে নেকি?

জয়শ্ৰীয়ে স্নিগ্ধ হাঁহি মাৰি ক'লে- নাই অহা । বিশেষ দিনটোৰ বাহিৰে তাই ইয়ালৈ নাহে। তাইক মাতি আনিব লাগিব ৷ আপোনাৰ কাৰণে পঁয়ত্ৰিছ নম্বৰ কোঠালিটো ৰাখি থোৱা আছে। মই জোচেফৰ হতুৱাই মিনি টেপ ৰেকৰ্ডাৰ এখনো অনাই থৈছো।

টেপ ৰেকৰ্ডাৰ ! অর্ণৱে বিস্মিত কণ্ঠত সুধিলে- টেপ ৰেকৰ্ডাৰ আকৌ কিয় ?

জয়শ্ৰীয়ে কথাটো বুজাই ক'লে- ছন্দাই কোৱা কথাবোৰ ৰেকৰ্ড কৰিব লাগিব। নহ'লে পাছত আকৌ অস্বীকাৰ কৰিব পাৰে। এইদৰে কৈ তাই সোঁফালৰ ৰেকত থকা কাৰ্টুন এটাৰ ফালে আঙুলিয়াই ক'লে- টেপ ৰেকৰ্ডাটো এই কাৰ্টুনটোতে আছে। আপুনি টেপ ৰেকৰ্ডাৰ চলাব জানে নেকি?

জানো। অর্ণৱে চমু উত্তৰ দিলে।

জয়শ্ৰীয়ে ড্ৰয়াৰৰ পৰা দুখন কেছেট উলিয়াই মেজৰ ওপৰত থলে। তাৰ পাছত এখন কেছেট হাতত লৈ ক'লে- এইখনত বিপ্লৱৰ কথাবোৰ ৰেকৰ্ড কৰি থোৱা আছে।

অর্ণৱে জয়শ্ৰীৰ কথাৰ অৰ্থ বুজিব নোৱাৰি বিমূঢ়ৰ দৰে ক'লে- বিপ্লৱৰ কথা ! কি কথা?

আজি ৰাতিপুৱা সি কোৱা কথাবোৰ আপুনি যোৱাৰ পাছত মই জোচেফৰ হতুৱাই ৰেকৰ্ড কৰাই থৈছো। যাতে পাছত সি অস্বীকাৰ কৰিব নোৱাৰে। আপুনিও কেছেটটো ব্যৱহাৰ কৰিব লগা হ'ব পাৰে।

কি কামত? অর্ণৱে সুধিলে।

অৰ্ণৱৰ সৰলতা দেখি জয়শ্ৰীৰ পুতৌ উপজিল ৷ প্ৰয়োজনৰ কাৰণেহে তাই অৰ্ণৱক জড়িত কৰিব বিচাৰিছে। বেছি চতুৰ মানুহ এইবোৰ কামত জড়িত কৰিলে শেষত গৈ সাপ হৈ দংশন কৰাৰ ভয় থাকে। নতুন মানুহ। অলপ বুজাই-বঢ়াই ল'বই লাগিব। সেয়ে জয়শ্রীয়ে অপেক্ষাকৃত শান্ত সুৰত ক'লে- আপুনি ছন্দাৰ কাৰণে এজন অচিনাকি মানুহ। আপোনাৰ ওচৰত তাই তাইৰ মনৰ কথা খুলি নকবও পাৰে ৷ তেতিয়া আপুনি তাইক এই কেছেটটো বজাই শুনাব লাগিব। কেছেটটো শুনাৰ পাছত তাই ভয় খাই মনৰ কথা খুলি ক'বলৈ বাধ্য হ'ব।

কিন্তু দ্বিতীয়টো কেছেট ?

জয়শ্ৰীয়ে ক'লে- দ্বিতীয়টো কেছেটত আপুনি ছন্দাই কোৱা কথাবোৰ ৰেকৰ্ড কৰিব লাগিব।

তাই ৰেকৰ্ড কৰাৰ কথা গম পাই যদি কথাপাতিবলৈ অস্বীকাৰ কৰে ?

আপুনি ৰেকৰ্ডাৰটো আপোনাৰ বেগৰ ভিতৰত ৰাখিব আৰু সুযোগ বুজি তাইৰ অগোচৰে অনকৰিব। এইদৰে কৈ জয়শ্ৰীয়ে এটুকুৰা কাগজ উলিয়াই অৰ্ণৱৰ ফালে আগবঢ়াই কলে- এই কাগজ টুকুৰাত ছন্দাৰ ফোন নম্বৰ লিখা আছে। আপুনি ৰোমলৈ গৈ তাইক ফোন কৰিব আৰু তাই হোটেল লৈ আহিলে মই ফোনত আপোনাক কথাটো জনাই দিম। তেতিয়া আপুনি ৰেকৰ্ডাৰটো অনকৰি বিছনাৰ তলত থৈ দিব । ৰেকৰ্ডাৰটো দুই ঘণ্টাতকৈ অধিক সময় চলিব

অর্ণৱে কাগজ টুকুৰা হাতত ল'লে। কাগজ টুকুৰা হাতত লোৱাৰ সময়ত তাৰ হাতখন কঁপি উঠিল। সি ক'লে- ফোন কৰিলেই যে তাই আহিব তাৰ কি নিশ্চয়তা আছে?

আহিব। জয়শ্ৰীয়ে কলে- য দি আহিব নুখুজে আপুনি মাণিক মুদৈৰ কথা ক'ব। তথাপিও যদি আপত্তি কৰে তেনেহ'লে বিপ্লৱৰ  কেছেটটো বজাই শুনাবএতিয়া যাওঁক আগতেই হতাশ হোৱাৰ প্ৰয়োজন নাই। মোৰ ধাৰণা, তাই নিশ্চিতভাবে আহিব। যাওঁক ৰোমলৈ গৈ তাইক ফোন কৰকগৈ। যদি তাই তথাপিও আহিবলৈ অস্বীকাৰ কৰে তেনেহ'লে বেলেগ ব্যৱস্থা কৰিব লাগিব। এতিয়াই সেইবোৰ কথা ভাবি লাভ নাই। এতিয়া যাওঁক। ৰোমলৈ গৈয়ে ফোন কৰিব।

অৰ্ণৱৰ সমগ্ৰ দেহত বিদ্যুত প্রবাহৰ দৰে শিহৰণ খেলি গ'ল। ৰোমাঞ্চিত হৈ উঠিল সি। পাছমুহূৰ্ততে পূৰ্ণিমাৰ জোনটোক ক'লা ডাৱৰে আৱৰি ধৰাৰ দৰে এক অনিশ্চয়তাৰ ক'লা ডাৱৰে তাৰ দেহ-মন আৱৰি ধৰিলে। যদি তাই নাহে!

অৰ্ণৱ নিৰ্দ্দিষ্ট কোঠালিটোলৈ আহি দুৱাৰ খুলি কোঠালিৰ ভিতৰলৈ সোমাই আহিল ।

কোঠালিটোত দুখন বেড। তিনিখন চকী। সোঁমাজত সৰু ঘূৰণীয়া মেজ এখন। সি কার্টুনটো মেজৰ ওপৰত নমাই থ'লে। কোণত সৰু চাপৰ মেজৰ ওপৰত ফোন। মেজৰ সোঁকাষে কাপোৰ থোৱা আলনা।

অর্ণৱে প্ৰতিটো বস্তু সন্ধানী দৃষ্টিৰে নিৰীক্ষণ কৰি কাৰ্টুনটোৰ ওচৰলৈ আহিল। প্রয়োজনতকৈ অধিক সতর্কতাৰে সি কার্টুনটো খুলিলে। কার্টুনটো খোলাৰ লগে লগে মিনি ছাইজৰ এখন টেপ ৰেকৰ্ডাৰ চকুত পৰিল। সি সন্তর্পণে ৰেকৰ্ডাৰটো উলিয়াই তাৰ বেগৰপৰা ব্লেংক কেছেটটো উলিযাই ৰেকৰ্ডাৰত ভৰালে। তাৰ পাছত নৱ বিবাহিতা কইনাৰ দৰে দুৰু দুৰু বুকুলৈ সি ফোনৰ ওচৰলৈ আহিল

ৰিচিভাৰটো দাঙিবলৈ গৈ সি থমকি ৰৈ গ'ল। কি কৰিবলৈ ওলাইছে সি! জয়শ্ৰীয়ে তাক বিপদত পেলাবলৈ ফন্দি কৰা নাইতো? ছন্দা বর্মণ কোনো সন্ত্রাসবাদী দলৰ সদস্য নহয়তো? তাৰ সহানুভূতি আদায়ৰ কাৰণে জয়শ্ৰীয়ে তাক ছন্দা বৰ্মণৰ মনেসজা কাহিনী শুনোৱা নাইতো? যদি ছন্দাই পুলিচ লৈ আহে ! এইদৰে বহু প্রশ্নই তাৰ হৃদয়ৰ তটভূমি আন্দোলিত কৰি তুলিলে। শীতৰ তীব্ৰতা থকা সত্ত্বেও তাৰ শৰীৰত বিন্দু বিন্দু ঘামৰ ৰেখা বিৰিঙি উঠিল। ভয়-শংকা আৰু অপৰাধবোধে তাৰ হৃদয় থকা-সৰকা কৰিবলৈ ধৰিলে। শেষ মুহূৰ্তত সি ইয়াকে ভাবি সাহস সঞ্চয় কৰিলে যে, আচলতে তাৰ মনত কোনো ধৰণৰ পাপবোধ বা অসৎ উদ্দেশ্য নাই। সি এজনী নিৰীহ ছোৱালীক এজনৰ লম্পটৰ কবলৰ পৰাহে বচাবলৈ গৈ আছে। কিবা বিপদৰ সম্ভাৱনাই দেখা দিলে সি আত্মপক্ষ সমর্থনৰ কাৰণে পুলিচৰ আগত এই কথাকে ক'ব বুলি সিদ্ধান্ত লৈ মনত সাহস গোটাই ল'লে।

অর্ণৱে ৰিচিভাৰটো দাঙি জয়শ্ৰীয়ে দিয়া কাকত টুকুৰা পকেটৰপৰা উলিয়াই নম্বৰ ডায়েল কৰিলে। কেই মুহূৰ্তমানৰ অপেক্ষাৰ পাছত সিপ্ৰান্তৰপৰা সংগীতৰ ধ্বনিৰ দৰে সুৰীয়া কণ্ঠধ্বনি ভাহি আহিল- হেল্লো, কোন আপুনি ?

সংগীতৰ ধ্বনিৰ দৰে কণ্ঠস্বৰ শুনি অৰ্ণৱৰ হৃদক্রিয়া বন্ধ হোৱাৰ উপক্ৰম হ'ল। এক অচিন পুলকত তাৰ দেহ-মন ভৰি পৰিল। সি কোনোমতে নিজক চম্ভালি কম্পিত কণ্ঠত কলে- মই ...মানে..আপুনি কোন ?

ছন্দা বৰ্মণ। সি প্ৰান্তৰপৰা পুনৰ নিজৰাৰ কলধ্বনিৰ দৰে কণ্ঠস্বৰ ভাহি আহিল- কাক লাগে ?

অর্ণৱে কোনো ধৰণৰ ভূমিকা নকৰি ক'লে- আপোনাকে লাগে । আপুনি এতিয়াই হোটেল ফ্ৰচুনলৈ আহক। জয়শ্রীয়ে হয়তো আপোনাক মোৰ পৰিচয় দিছেই। আপোনাৰ লগত জৰুৰী কথা আছেআপোনাৰ কাৰণে মই পঁয়ত্ৰিছ নম্বৰ কোঠালিত অপেক্ষা কৰি আছো।

আপোনাৰ পৰিচয়? ছন্দাৰ বিৰক্তি মিহলি কণ্ঠ।

আপুনি ইয়ালৈ আহিলেই মোৰ পৰিচয় পাব। অর্ণৱে প্ৰতিটো শব্দৰ ওপৰত বিশেষভাবে জোৰ দি ক'লে

নাই নাই, ম‍ই আজি যাব নোৱাৰিম। ছন্দাই কথাটো এৰাই যাবলৈ চেষ্টা কৰিলে- মই এতিয়া বিশেষ কামত এঠাইলৈ যাব লাগিব ।

অর্ণৱে কিছু ৰূঢ় কণ্ঠত কলে- যদি আপুনি ফাঁচিৰ ৰচীৰ পৰা নিজক বচাব খোজে তেনেহ'লে আপুনি আহিবই লাগিব। যোৱা নিশা মাণিক মুদৈৰ ঘৈণীয়েক মিছেছ মুদৈৰ হত্যাৰ ঘটনাটো আপুনি নিশ্চয় শুনিছে।

অতর্কিত আক্ৰমণত ছন্দা আহত হ'ল যদিও তাই দৃঢ়কণ্ঠত প্রতিবাদ কৰি উঠিল- কোন মাণিক মুদৈ ? মই কোনো মাণিক মুদৈক নাজানো ।

অৰ্ণৱৰ মুখমণ্ডল কঠোৰ হৈ উঠিল। সি ক'লে- দুদিনমান আগত মাণিক মুদৈ আৰু আপুনি হোটেল ফৰচনত পতা সকলো কথা ৰেকৰ্ড কৰা হৈছে। আপুনি শুনিব খুজিলে, এতিয়াই শুনাব পাৰিব। গতিকে আপুনি আহক, আপোনাৰ কোনো অন্যায় ম‍ই নকৰোঁ। আপোনাক মাণিক মুদৈৰ কবলৰ পৰা বচাবলৈহে মই চেষ্টা কৰি আছো। মই আপোনাৰ শত্ৰু নহয়, হিতাকাংক্ষী বুলি ভাবিব পাৰে। আপুনি আহক। আহিলেই সকলো কথা গম পাব। সিফালৰ পৰা কোনো সমিধান পোৱাৰ আগতেই সি ৰিচিভাৰটো নমাই থ'লে৷

কিছু সময় কোঠালিৰ ভিতৰতে পদচালনা কৰি অৰ্ণৱ কোঠালিৰ পৰা ওলাই কোঠালিটো তলাবন্ধ কৰি তল লৈ নামি আহিল।

জয়শ্ৰীয়ে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল । তাই ৰিচিভাৰটো নমাই থৈ কলে- ছন্দাই কি কলে?

এতিয়াই একো ক'ব পৰা নাই। অর্ণৱে ক'লে- তাইক ফোনত সকলো কথা থুলমূলকৈ ভাঙিপাতি কৈছো। এতিয়া তাইৰ ইচ্ছা ।

তাই নিশ্চয় আহিব। আপুনি এতিয়া ৰোমলৈ গৈ অপেক্ষা কৰকগৈ।

অৰ্ণৱ কাউণ্টাৰৰপৰা ওলাই গ'*

                                                   পাঁচ

অৰ্ণৱ কাউণ্টাৰৰ পৰা ওলাই যোৱাৰ বিছ মিনিটমান পাছত ছন্দা বৰ্মন ব্যস্তভাবে জয়শ্ৰীৰ ওচৰলৈ আহি ক'লে- মই মানুহ এজনক লগ ধৰিব লাগে, সি পঁয়ত্ৰিছ নম্বৰ কোঠালিত মোৰ কাৰণে অপেক্ষা কৰি আছে ৷

জয়শ্ৰীয়ে একো নজনাৰ ভাওজুৰি ক'লে- কোনোবা বন্ধু নেকি?

ছন্দাৰ মুখমণ্ডলত যেন কোনোবাই চিয়াঁহী ছটিয়াই দিলে । মুহূৰ্তৰ ভিতৰতে তাইৰ মুখমণ্ডল ক'লা পৰি গ'ল। বতাহৰ জোকাৰণিত গছৰ পাত কঁপাৰ দৰে তাইৰ দেহলতা কঁপি উঠিল। তাই নিজক চম্ভালি ক'লে- ধৰক, প্ৰায় তেনেকুৱাই।

ছন্দাই ওঁঠত চেষ্টাকৃত হাঁহিৰ ৰেখা বিৰিঙাই ছিৰিৰ ফালে আগুৱাই আহিল । দুমহলীয়া লৈ উঠি আহি তাই পঁয়ত্ৰিছ নম্বৰ কোঠালিৰ দুৱাৰ মুখত থমকি ৰৈ গ'ল। দুৱাৰত টোকৰ মাৰিবলৈ গৈ তাইৰ বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল। এক অজান ভয়ত তাই আতংকিত হৈ উঠিল। উদ্বেগত তাইৰ হৃদপিণ্ড বন্ধ হোৱাৰ উপক্ৰম হ'ল। তাইৰ কাৰণে কোন অপেক্ষা কৰি আছে কোঠালিটোত ? শত্রু, নে মিত্র? মিত্রই হওঁক বা শত্ৰুই হওঁক মানুহজনৰ উদ্দেশ্য যে ভাল নহয়, এই বিষয়ে তাই নিশ্চিত। আজি-কালি যি দিন-কাল পৰিছে নিজকে বিশ্বাস কৰাই টান হৈ পৰিছে। সেই ক্ষেত্ৰত অচিনাকি মানুহ এজনক বিশ্বাস কৰাতো মূৰ্খামীৰ বাহিৰে আন একো নহয়৷

মাণিক মুদৈকতো তাই বিশ্বাসে কৰিছিল; কিন্তু সি সেই বিশ্বাসৰ কি মূল্য দিলে? তাইৰ সৰলতাৰ সুযোগ লৈ তাইক পুতলা নচুৱাদি নচুৱাই আছে। মাণিক মুদৈৰ কথা মনত পৰাৰ লগে লগে তাইৰ হৃদয় প্ৰচণ্ড ঘৃণাত ভৰি পৰিল। চকুত জ্বলি উঠিল বিদ্ৰোহৰ জুই। বুকুত জাগি উঠিল প্রচণ্ড আক্রোশ ৷ তাইৰ কাৰণে অপেক্ষা কৰি থকা অৰ্ণৱৰৰ প্ৰতিও তাইৰ বিদ্বেষ জাগি উঠিল। হৃদয়ৰ বিদ্বেষ চকুত জুই হৈ জ্বলিবলৈ ধৰিলে। চকুৰ জুইকুৰাৰ উত্তাপে তাইৰ মনৰপৰা ভয় ভাব শুহি নিলে। ভয়ৰ ঠাইত কৌতূহল জাগি উঠিল তাইৰ মনত। উদ্যত ভংগীত তাই দুৱাৰৰ ফালে চাই দুৱাৰত মৃদু টোকৰ মাৰিলে। তাই বেছি সময় অপেক্ষা কৰিব লগা নহ'ল। ভিতৰৰপৰা অৰ্ণৱে নিস্পৃহভাবে সুধিলে- কোন ?

ছন্দাই উদ্যত ভংগীত কলে- মই ছন্দা। দুৱাৰ খোলক।

ছন্দাৰ কণ্ঠস্বৰত প্ৰচণ্ড ৰূঢ়তা ধ্বনিত হ'ল। অর্ণৱে আশা কৰিছিল সুৰীয়া কণ্ঠৰ সংগীতৰ ঝংকাৰ। তাৰ পৰিৱৰ্তে কণ্ঠস্বৰত ৰূঢ়তা দেখি তাৰ উৎসাহত চেঁচা পানী পৰিল। মনত সঞ্চাৰিত হ'ল ভয়ৰ বাষ্পপুঞ্জ। সন্দেহৰ ঘূৰ্ণি বতাহ। তাই লগত কোনো পুলিচৰ মানুহ লৈ অহা নাইতো ! পুলিচৰ কথা মনত পৰাৰ লগে লগে তাৰ বুকুখন চিৰিংকৈ উঠিল৷ বুকুত যেন কোনোবাই হাতুৰীৰে কোবাই আছে এনেকুৱা অনুভূত হ'ল। বতাহত গছৰ পাত কঁপাৰ দৰে ভয়-শংকা-উৎকণ্ঠাত তাৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। তাৰ সৰ্বশৰীৰ অৱশ হৈ পৰিল। বহাৰপৰা উঠাৰ শক্তিকণো যেন সি হেৰুৱাই পেলালে। নিজকে চম্ভালি লোৱাৰ বাবে সি কিছু সময় লোৱাৰ কথা ভাবিলে। কিন্তু পাছমুহূৰ্ততে ভাবিলে, দুৱাৰ খোলাত সি যিমানে পলম কৰিব সিমানে তাৰ দুৰ্বলতাৰ ওপৰত আগন্তুকৰ সন্দেহ গাঢ়তৰ হ'ব। আচলতে সি কোনো অসৎ উদ্দেশ্য লৈ এই কামত আগবঢ়া নাই। কাম অসৎ হ'লেও তাৰ উদ্দেশ্য সৎ। ছন্দাক এজন লম্পটৰ কবলৰ পৰা বচাবলৈহে সি এই কামত আগবাঢ়িছে। জয়শ্ৰীৰ মনত পাপ থাকিলেও তাৰ মনত কোনো পাপ নাই।

এইদৰে মনত ভাবি সি মনটো ডাঠ কৰি খাটৰ তলত থকা ৰেকৰ্ড প্লেয়াৰটো অন কৰিলে ৷ কাৰণ ছন্দা ভিতৰলৈ সোমাই আহিলে অন কৰা সম্ভৱ নহ'ব। ছন্দাই কেনেবাকৈ ৰেকৰ্ড প্লেয়াৰৰ কথা গম পালে তাই নিজৰ দুৰ্বলতাৰ কথা ক'বলৈ ইতস্ততঃ কৰিব। কাৰণ সকলো নাৰীয়ে নিজৰ দুৰ্বলতাখিনি লুকাই ৰাখিব বিচাৰে। নাৰীৰ এই দুৰ্বলতাৰ সুযোগ লৈ পুৰুষে নাৰীক লৈ হেতালি খেলিবলৈ সুবিধা পাইছে।

অৰ্ণৱ দুৱাৰৰ ফালে আগবাঢ়িল । ছিটকনিডালত হাত থৈ সি এক মুহূৰ্তৰ কাৰণে থমকি ৰ'ল । সি উশাহ বন্ধ কৰি ছিটকনিডাল খুলি দুৱাৰ অকনমান ফাঁক কৰি বাহিৰলৈ জুমি চালে। দীর্ঘাংগী লাৱণ্যময়ী এগৰাকী যুৱতীক সি দুৱাৰ মুখত থিয় দি থকা প্ৰত্যক্ষ কৰিলে ৷ অপৰূপ ৰূপৰ জোৱাৰে যেন ছন্দাৰ দেহ টৌৱাই আছে। অর্ণৱে ভবাতকৈও ছন্দা যেন অধিক মোহময়ী। তাই পিন্ধি থকা গোলাপী ৰঙৰ শাড়ীখনে যেন তাইৰ ৰূপত সুৱগা চৰাইছে। নাই, ছন্দা অকলেই আহিছে। তাইৰ লগত বেলেগ কোনো মানুহ অথবাা আৰক্ষী নাই। স্বপ্নাচ্ছন্নৰ দৰে সি দুৱাৰ খুলি ছন্দাক ভিতৰলৈ সোমাই আহিবলৈ আহ্বান জনালে- আহক, ভিতৰলৈ সোমাই আহক৷

অৰ্ণৱৰপৰা অনুমতি পাই ছন্দা ভিতৰলৈ সোমাই আহিল । ছন্দা ৰূপ-ৰস-গন্ধে লাস্যময়ী এজনী গাভৰু। শাওণৰ ভৰা নদীৰ দৰে পৰিপূৰ্ণ যৌৱন। টৰ্চৰ তীব্ৰ পোহৰে চকুত ছাট মাৰি ধৰাৰ দৰে ছন্দাৰ ৰূপৰ আলোক ছটাই অৰ্ণৱৰ চকুত ছাট মাৰি ধৰিলে। মোহাচ্ছন্নভাবে সি সেমেনা-সেমেনি কৰি ক'লে- মই অৰ্ণৱ হালৈ। আপোনাৰ কাৰণেই অপেক্ষা কৰি আছোঁ ৷

ছন্দাই পৰ্যবেক্ষণৰ দৃষ্টিত অৰ্ণৱৰ ফালে চালে। সাতাইছ আঠাইছ বছৰ বয়সৰ এজন আকৰ্ষণীয় যুৱক। মাৰ্জিত সাজ-পাৰ। চকুত শান্ত সৌম্য দৃষ্টি। এনেকুৱা এজন যুৱকৰ আঁৰত যে আগ্নেয়গিৰিৰ সুপ্ত লাভাৰ দৰে উতলি থকা বন্য ববৰ কুটিল মন আছে কথাটো প্রথম দৃষ্টিত ছন্দাই ভাবিবলৈও টান পালে। পাছমুহূর্ততে তাই ভাবিবলৈ বাধ্য হ'ল যে, মানুহ নামৰ প্ৰাণীটোক বাহিৰৰ আৱৰণ দেখি চিনা টান। কাৰণ প্রত্যেক মানুহ একো একোজন দক্ষ অভিনেতা। মানুহে নিজৰ দেহটো কাপোৰৰ আৱৰণেৰে ঢাকি ৰখাৰ দৰে বহু মানুহে নিজৰ কুৎসিৎ বৰ্বৰ মনটোক শিষ্টাচাৰৰ আৱৰণেৰে ঢাকি ৰাখিবলৈ নানা ধৰণৰ অভিনয় কৰে। অৰ্ণৱকো তাই এজন অভিনেতা বুলিয়ে ভাবিলে। সেয়ে অৰ্ণৱৰ প্রতি তাইৰ দেহ-মন তীব্র বিদ্বেষত ভৰি পৰিল। শ্লেষ মিহলি কণ্ঠত তাই ক'লে- কথাটো আপুনি নক'লেও মই বুজিব পাৰিলোহেঁতেন। এতিয়া কওঁক, মোক এইদৰে মাতি অনাৰ কাৰণ কি?

অর্ণৱে অপৰাধীৰ দেৰ ক'লে- আপোনাক দিগদাৰি দিয়াৰ কাৰণে ম‍ই দুঃখিত। কিন্তু ইয়াৰ বাহিৰে মোৰ বেলেগ কোনো উপায় নাছিল। আপুনি আগতে বহকচোন। পাছত ধীৰে-সুস্থিৰে কথা পাতিম। এইদৰে কৈয়ে অর্ণৱে দুৱাৰ বন্ধ কৰিলে।

অৰ্ণৱক দুৱাৰ বন্ধ কৰা দেখি ছন্দা ভয়ত বিবৰ্ণ হৈ উঠিল। তাই শংকিত কণ্ঠত সুধিলে- দুৱাৰ বন্ধ কৰিছে কিয় ?

ছন্দাৰ ভয়ত বিবৰ্ণ মুখমণ্ডল প্রত্যক্ষ কৰি অর্ণৱে কৌতুক অনুভৱ কৰিলে। সি ছন্দাক অভয় দিয়াৰ কাৰণে কলে- ভয়ৰ কোনো কাৰণ নাই। দুৱাৰ বন্ধ কৰাৰ অন্তৰালত মোৰ কোনো অসৎ উদ্দেশ্যও নাই। আমাৰ সুবিধাৰ কাৰণেহে দুৱাৰ বন্ধ কৰিছোঁ। কাৰণ আমাৰ কথা- বতৰাৰ মাজত মই তৃতীয় ব্যক্তিৰ উপস্থিতি কামনা কৰা নাই।

কথাটো ছন্দাৰো পছন্দ হ'ল। তায়ো তৃতীয় ব্যক্তিৰ উপস্থিতি কামনা কৰা নাই। ছন্দাই চকী এখনত বহি নিৰ্বিকাৰভাবে ক'লে- বাৰু, এতিয়া কওঁক, কিয় মাতি আনিলে?

অধিক অন্তৰংগ হ'বলৈ অৰ্ণৱে ক'লে- আপোনাক মাতি অনাৰ কাৰণ জনাৰ আগতে এষাৰ কথা আপুনি জানি থোৱাটো ভাল হ'ব। তেতিয়া আপুনি স্বচ্ছন্দে মোৰ লগত কথা পাতিব পাৰিব৷ আচলতে কোনো অসৎ উদ্দেশ্য লৈ আপোনাক মাতি অনা হোৱা নাই। আপোনাৰ লাভৰ কাৰণেই মাতি অনা হৈছে। আশা কৰোঁ, আপুনি মোৰ ওচৰত কোনো কথা গোপন কৰিবলৈ চেষ্টা নকৰিব।

অর্থাৎ! ছন্দাই ভ্রূ কুঞ্চিত কৰি ক'লে।

অর্ণৱে কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়াভাবে সুধিলে-মাণিক মুদৈৰ লগত আপোনাৰ সম্পৰ্ক কি ? প্রত্যেক মাহত আপুনি কি কাৰণত মাণিক মুদৈক এইখন হোটেলত লগ ধৰে? সেই কাৰণটো আপুনি নির্বিবাদে খুলি কওঁক।

নাৰীৰ মনৰ গোপন খবৰ বাহিৰ কৰিবলৈ হ'লে নাৰী মনে কষ্ট পায়। গতিকে অৰ্ণৱৰ প্ৰশ্নত ছন্দা বিৰক্ত হ'ল । তাই বিৰক্তি মিহলি কণ্ঠত কলে- সেয়া মোৰ ব্যক্তিগত কথা। সেইবোৰ জানি আপোনাৰ লাভ?

লাভ মোৰ নহয়, আপোনাৰহে। অর্ণৱে দৃঢ় কণ্ঠত কলে।

ছন্দাই ভাবিলে, মৰুভূমিৰ তপত বালিত চকু-পানী পেলাই লাভ নাই। সেইদৰে অৰ্ণৱৰ আগতো কোনো কথা গোপন কৰিবলৈ চেষ্টা কৰি লাভ নাই। কাৰণ অর্ণৱে ইতিমধ্যে হয়তো মাণিক মুদৈ আৰু তাইৰ বিষয়ে বহু কথা জানি গৈছে। নহ'লে তাইক এইদৰে মাতি আনিবলৈ সাহস গোটাব নোৱাৰিলেহেঁতেন। তাই কথাটো যিমানে এৰাই চলিবলৈ চেষ্টা কৰিব অৰ্ণৱ সিমানে কথাটোত আঠাৰ দৰে লাগি থাকিব। তাতকৈ কথাটো কৈ সোনকালে ইয়াৰপৰা আঁতৰি যোৱাই মংগল। তথাপি তাই প্রতিশ্রুতি বিচাৰিলে- মোৰ কোনো ক্ষতি নকৰে বুলি ইতিমধ্যে আপুনি মোক কেইবাবাৰো কৈছে। কিন্তু আপোনাক মই কেনেকৈ বিশ্বাস কৰোঁ, কওঁকচোন!

আপুনি মোক এজন প্রকৃত হিতাকাংক্ষীৰ দৰে বিশ্বাস কৰিব পাৰে। অর্ণৱে আশ্বাস দিলে।

অৰ্ণৱৰ দৃঢ়তা দেখি ছন্দা কিছু পৰিমাণে আশ্বস্ত হ'ল । তাই ক'লে-ইয়াৰ আগতে আপুনি কথা দিব লাগিব, আমাৰ মাজত হোৱা কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰে বুলি৷

বিমোৰত পৰিল অৰ্ণৱ। আন কাৰো আগত নক'লেও জয়শ্ৰীৰ আগত ক'বই লাগিব। তদুপৰি নিজে নক'লেও ৰেকৰ্ডাৰৰ পৰা নিশ্চয় জানিব পাৰিব। ৰেকৰ্ডাৰটো বৰ্তমান বন্ধ কৰাও সম্ভৱ নহয়। সেয়ে অর্ণৱে আহত কণ্ঠত কলে- আপোনৰ হিতৰ কৰাণে কথাবোৰ নিশ্চয় দুই এজনৰ আগত কবই লাগিব। কিন্তু আপোনাৰ তিলমানো ক্ষতি হোৱাৰ সম্ভাৱনা দেখিলে তাত মই কথাটো প্ৰকাশ নকৰো। এই বিষয়ে আপুনি নিশিচন্ত থাকিব পাৰে ।

আপোনাৰ পৰিচয় নাপলে কোন বিশ্বাসত মই আপোনৰ ওচৰত মোৰ দুৰ্বলতাৰ কথা খুলি ক'ম। ছন্দাই ক'লে।

পৰিচয় দিয়াৰ দৰে মোৰ কোনো পৰিচয়ে নাই। অর্ণৱে ক'লে- মই এজন সাধাৰণ অট' চালক। মাণিক মুদৈৰ ভাড়াঘৰত থাকোঁ ।

ছন্দাই বিহ্বলৰ দৰে অৰ্ণৱৰ ফালে চালে। শান্ত সৌম্য নিৰীহ এজন যুৱক। চকুযোৰ চঞ্চল যদিও উচ্ছৃংখল নহয়। বেলেগ পৰিস্থিতি হলে তাই অকপটে মনৰ সকলো গোপন কথা খুলি ক'বলৈ আপত্তি নকৰিলেহেঁতেন। কিন্তু বর্তমান পৰিস্থিতিয়ে তাইক সন্দেহপ্ৰৱণ কৰি তুলিছে। বর্তমান তাই কেঁচুটোকে সাপটো যেন দেখে- সাপ দেখাৰ দৰে জঁপিয়াই উঠে। পৰিস্থিতৰি মেৰপাকত পৰি তাই বৰ্তমান নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছে। মাণিক মুদৈকতো তাই বিশ্বসতে লৈছিল। সি তাইৰ লগত বিশ্বাসঘাতকতা কৰিলে। অৰ্ণৱক দেখাত নিৰীহ যেন লাগিলেও তাৰ অন্তৰত বা আকৌ কি বিষ লুকাই আছে? শান্ত পৰ্বত এখনৰ অভ্যন্তৰতো আগ্নেগিৰিৰ তাণ্ডৱ লুকাই থাকে । অৰ্ণৱৰ অন্তৰতো যদি তেনেকৈ কু-অভিসন্ধি লুকাই আছে! শেষমুহূৰ্তত সিদ্ধান্ত ল'লে, দেখাই যক কি হয়! বিষ উজান ধৰিছেই যেতিয়া দেখাই যক কিমানদূৰ উজাব পাৰে। এইদৰে ভাবি তাই মনটো ডাঠ কৰি ল'লে ৷

ঠিক আছে, ছন্দাই কপাললৈকে বৈ পৰা চুলিকোঁচা আলফুলে মূৰৰ ওপৰলৈ ঠেলি দি কলে- আজিৰ পৰা দহমাহ আগৰ কথামাৰ কিডনিত পাথৰ হোৱাৰ কাৰণে তাইক নাছিংহোমত ভৰ্তি কৰা হৈছিল। দুদিনমান পাছত অপাৰেশ্বন হোৱাৰ কথা। গতিকে মা নাৰ্ছিংহোমতে আছিল। মই এখন প্রাইভেট কোম্পানীত চাকৰি কৰোঁ। অফিচ ছুটীৰ পাছত মই পোনে পোনে মাৰ খা-খবৰ ল'বলৈ নাৰ্ছিংহোমলৈ গৈছিলো । মাৰ খবৰ লৈ ডাক্তৰৰ লগত আলোচনা কৰি ওভতোঁতে নিশা প্রায় সাতমান বাজি গৈছিল।

ৰাস্তালৈ আহি মই গাড়ীৰ কাৰণে অপেক্ষা কৰি আছিলো। হঠাৎ টেক্সি এখন আহি মোৰ সন্মুখত ৰৈ গ'ল। ড্রাইভাৰে খিড়িকিৰে মূৰটো উলিয়াই সুধিলে- যাব কলৈ ?

মই গন্তব্যস্থানৰ কথা ক'লো ৷

ড্রাইভাৰে ক'লে- বলক, মই সেই ফালেই যাম। যোৱাৰ সময়ত আপোনাক নমাই দি যামহি

অপৰিচিত মানুহ এজনৰ লগত যাবলৈ ভৰসা নাপাই মই ক'লো- আপুনি যাওঁক। ম‍ই ৰিক্সা এখন লৈ যামহি।

আৰে, আপুনি মোৰ লগত যাবলৈ ভৰসা পোৱা নাই নেকি? ড্রাইভাৰে ক'লে- আপুনি মোক চিনি নাপালেও মই আপোনালোকৰ ঘৰৰ আটাইকে চিনি পাও। এইদৰে কৈ সি মোৰ দেউতাৰ নাম, মই ক'ত চাকৰি কৰোঁ সকলো বিৱৰি কৈ ক'লে- উঠক, ভয় কৰিব নালগে। মোৰ পৰিচয় দিলে আপুনি নিশ্চয় চিনিব পাৰিব। মই মাণিক মুদৈৰ ড্ৰাইভাৰ। মোৰ নাম জয়ন্ত।

মই মাণিক মুদৈক জানো। সোণৰ ব্যৱসায় কৰে। ব্যৱসায়ী হিচাপে তাৰ ভাল সুনাম আছে। কিন্তু ড্ৰাইভাৰক অকলে দেখি ম‍ই সুধিলো- কিন্তু মুদৈ ক?

ছাৰ ঘৰতে আছে। ড্রাইভাৰে ক'লে- গাড়ীৰ কিছু প্রব্লেম হৈছিল। গতিকে ছাৰ্ভিচিঙৰ কাৰণে দিছিলো।

মই ড্ৰাইভাৰজনক ভালদৰে লক্ষ্য কৰিলো। বয়স চল্লিছৰ দেওনা পাৰ হৈ গৈছে। দেখাতো ভদ্র যেনেই লাগিল। গতিকে ম‍ই বিশেষ আপত্তি নকৰি গাড়ীত উঠি বহিলো। কিছুদূৰ অহাৰ পাছত ড্রাইভাৰে ক'লে- অলপ আগতে মোৰ মাহীৰ ঘৰ। মাহীৰ অসুখ বুলি শুনিছোঁ। কিন্তু সময়ৰ অভাৱত আহিব পৰা নাই। আপুনি যদি বেয়া নাপায় মই মাহীৰ লগত দেখা কৰিবলৈ যাম। নাই নাই, বেছি পলম নকৰো ৷ পাঁচ সাত মিনিটৰ ভিতৰতে দেখা কৰি আহিম।

মোৰ কথাটোত সন্মতি নাছিল যদিও অসুখৰ কথা শুনি মই আপত্তি নকৰিলো। ক'লো- কিন্তু দেৰি নকৰিব । নহ'লে মোৰ অসুবধিা হ'ঘৰত দেউতাই চিন্তা কৰিব ।

ড্রাইভাৰে ক'লে- চিন্তা নকৰিব। আপোনাক মই সময়মতেই নমাই দিমহি।

এইদৰে কথা পাতি থাকোঁতেই কেঁকুৰি এটা ঘূৰি টেক্সিখন ৰৈ গ'ল। ৰাস্তাৰ পৰা অলপ নিগলত আছাম টাইপৰ এটা ঘৰ।

কি হ'? ৰৈ গ'ল যে? মই সুধিলো।

এইখনেই আমাৰ মাহীৰ ঘৰ। ড্রাইভাৰে ষ্টাৰ্ট বন্ধ কৰি ক'লে-ইয়াত অকলে বহি থকাতকৈ আপুনিও বলক মোৰ লগত ৷ মাহী অকলশৰীয়া মানুহ। ল'ৰা এজন আছে যদিও পুলিচৰ চাকৰি কৰে। সেয়ে মাহী অকলেই থাকে ঘৰখনত । আপোনাক পালে মাহীয়ে ভলেই পাব।

মই ঘড়ীটোলৈ চাই ক'লো- নাই নাই, আপুনি যাওঁক। আপুনি সোনকালে দেখা কৰি আহকগৈ ৷

বাৰু। ড্রাইভাৰে ক'লে- ভয় কৰিছে যদি যাব নালাগে। আপুনি বহক। মই দেখা কৰি আহি আছো। এইদৰে কৈ সি মোক প্ৰভাৱিত কৰিবলৈ ক'লে- ভয়ৰ কোনো কাৰণ নাই। আপুনি কিন্তু মিছাতে ভয় কৰিছে।

ড্ৰাইভাৰৰ শেষৰ কথাফাকিত মোৰ আত্মসন্মানত আঘাত লাগিল সঁচা কথা ক'বলৈ গ'লে ভয় কৰিয়ে মই যাব খোজা নাছিলো । যি দিন- কাল পৰিছে, 'ত কি বিপদ মুখ মেলি ৰৈ আছে কোনে জানে! তথাপিও সাহস গোটালো। চিনা-জনা চহৰ। চিন্তা কিহৰ? ড্ৰাইভাৰজনো দেখাত ভদ্র। বয়সো হৈছে। গতিকে অবিশ্বাস কৰাৰ কোনো হেতু বিচাৰি নাপাই ম‍ই গাড়ীৰপৰা নামি ড্ৰাইভাৰৰ পিছে পিছে খোজ ল'লো।

ঘৰটো পুৰণি। ঘৰৰ সন্মুখত বাল্ব এটা জ্বলি আছিল। ড্ৰাইভাৰজনে দুৱাৰত খটখটাই দিলে। চল্লিছ পঞ্চল্লিছ বছৰীয়া মানুহ এজনে দুৱাৰ খুলি দিলে । মানুহজনৰ চকু দুটা জবাফুলৰ দৰে ৰঙা । ভৰিৰ খোজ থৰক-বৰক। মানুহজনৰ মুখৰপৰা মদৰ উগ্র ভেকেটা-ভেকেট গোন্ধ ভাহি আহিল ৷ মই শাড়ীৰ আঁচলেৰে নাকত সোপা দি ড্ৰাইভাৰজনৰ ফালে প্ৰশ্নবোধক দৃষ্টিত চালো।

ড্রাইভাৰে কোনো কথা কোৱাৰ আগতেই মদপী মানুহজনে ক'লে-ইমান পলম হ'ল কিয়? অকলে বহি বহি একেবাৰে হৈ গৈছো ৷ এইদৰে কৈ সি মোৰ ফালে চাই ক'লে- এওঁ কোন? 'ৰপৰা ধৰি আনিলি?

ড্রাইভাৰে ক'লে- বাটত লগ পাই লৈ আহিলো, ছাৰ ৷

মদপীজনে ক'লে- ভালেই কৰিছ। সেই বাঁৰীজনীয়ে এতিয়া একো সুখ দিব নোৱাৰে। এইদৰে কৈ সি মোৰ ফালে আগুৱাই আহি ক'লে- বলা। ভিতৰলৈ বলা৷

আক্রোশ, ক্রোধ, ভয় আৰু হতাশাৰ সংমিশ্ৰণত তেতিয়া মোৰ এক অদ্ভুত মূর্তি। ভীতি সংকোচ একাষৰীয়া কৰি থৈ মই ড্ৰাইভাৰক উদ্দেশ্য কৰি ক'লো-এওঁ কোন? আপোনাৰ উদ্দেশ্য কি? কি উদ্দেশ্যত আপুনি মোক ইয়ালৈ লৈ আহিছে? আপুনি ইমান নীচ !

মদপীজনে পকেটৰ পৰা পিস্তল উলিয়াই মোৰ ফালে টোঁৱাই ক'লে- বলা, ভিতৰলৈ বলা। নহ'লে গুলী কৰিম

পিস্তল দেখি প্রচণ্ড শীতৰ মাজতো মই ঘামিবলৈ ধৰিলো। ভয় মানুহৰ প্ৰধান শত্ৰু। ভয়ক জয় কৰিব নোৱাৰিয়ে বহু সময়ত মানুহ বিপদত পৰে। সেয়ে মই ভয় জয় কৰি সাহস সঞ্চয় কৰি ক'লো- মোক যাবলৈ দিয়া। নহ'লে মই চিঞৰি মানুহ মাতিম ।

কোনো লাভ নহ'ব। মদপীজনে ক'লে- ইয়াত কোনেও তোমাক বচাবলৈ নাহে। এইদৰে কৈ মদপীজন ক্রিকেট বলৰ দৰে জাঁপ মাৰি আহি মোৰ হাতত ধৰি ক'লে- বলা, ভিতৰলৈ বলা। নহ'লে সঁচাকৈয়ে গুলী কৰিম।

সতীত্ব নাৰীৰ মুলধন। সেই সতীত্ব লাঞ্ছিত হোৱাৰ ভয়ত ম‍ই মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হ'লো। ক্ষোভ-লাজ-মান-অপমানত মই উদ্‌ভ্ৰান্তৰ দৰে হৈ উঠিলো। পৃথিবীখন কুমাৰৰ চাকৰ দৰে চক্ৰাকাৰে মোৰ চকুৰ আগত ঘূৰিবলৈ ধৰিলে। আসন্ন বিপদৰ বহু চিত্ৰই ভাহি উঠিল মোৰ মানস পটত। তেতিয়া বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মোৰ সন্মুখত মাথোন দুটা পথেই খোলা আছিল। হয় জীৱনৰ আশা বাদ দি চিঞৰি মানুহ মাতিব লাগিব, নহ'লে চয়তান দুটাৰ লালসাৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব। ঘৰটো ৰাস্তাৰপৰা বৰ বেছি নিলগত নাছিল। চিঞৰি মাতিলে নিশ্চয় ৰাস্তাৰ মানুহ বা ওচৰ-চুবুৰীয়াই শুনিবলৈ পাব। মই চিঞৰি মানুহ মাতাৰ সিদ্ধান্ত লৈ চিঞৰিবলৈ উপক্রম কৰোঁতেই পিস্তল লৈ থকা মানুহজন ভেকুলীৰ দৰে জাঁপ মাৰি আহি বাঁও হাতেৰে মোৰ মুখত সোপা মাৰি ধৰি ক'লে- চিঞৰিবলৈ চেষ্টা কৰিলে গুলী কৰিম। বলা, ভালে ভালে ভিতৰলৈ বলা।

জালত পৰা পখিলাৰ দৰে মই ছট্‌ফটাবলৈ ধৰিলো। মানুহজনে মোক টানি চোঁচৰাই ঘৰৰ ভিতৰলৈ লৈ গ'ল। ড্ৰাইভাৰজন বাহিৰতে ৰৈ থাকিল। ঘৰৰ ভিতৰলৈ নি সি দুৱাৰ বন্ধ কৰি ক'লে- এতিয়া যি কওঁ সেই মতে কাম কৰা। চিঞৰিবলৈ চেষ্টা কৰিলে জীৱন লৈ ঘূৰি যাব নোৱাৰিবা

সঁজাত বন্দী বাঘৰ দৰে মই গুজৰি উঠিলো- মোক এইদৰে ধৰি অনাৰ উদ্দেশ্য কি ?

অলপ পাছত সকলো গম পাবা। মদপীজনে ক'লে- আমাৰ কথামতে কাম কৰিলে অকনমান মৰম কৰিয়ে তোমাক এৰি দিমকিন্তু যদি আমাৰ কথামতে কাম নকৰা তেনেহ'লে বল প্রয়োগ কৰিবলৈ বাধ্য হম।

মোৰ শৰীৰত হিম শীতল বতাহ এজাক বৈ গ'ল। বিমৰ্ষ বিষণ্ণতাত মোৰ মোৰ শৰীৰ অৱসন্ন হৈ পৰিল। মই মুহ্যমানৰ দৰে ক'লো- কোৱা কি কৰিব লাগিব?

মদপীজনে ঔদ্ধত্য ভংগীত কলে- কাপোৰ খোলা

কাপোৰ খুলিম? মানে?  নাই নাই, ম‍ই মৰি গ'লেও কাপোৰ নুখুলোঁ। মই তীব্ৰ কণ্ঠত প্রতিবাদ কৰি উঠিলো ৷

তেনেহ'লে গুলী কৰিম। মদপীজনে নিৰ্বিকাৰভাবে কলে।

চলোৱা গুলী। মোক মাৰি পেলোৱা। সেই বুলি তোমালোকে যি ভাবিছা সেয়া কেতিয়াও সম্ভৱ নহ'ব। বিৰক্তি ক্ৰোধত মই উন্মত্তৰ দৰে হৈ উঠিলো ।

মদপীজনে দুৱাৰ খুলি ড্ৰাইভাৰক মাতিলে- জয়ন্ত, আহা ভিতৰলৈ সোমাই আহা ।

জয়ন্ত ভিতৰলৈ সোমাই আহিল। মদপীজনে জয়ন্তক আদেশ দিলে- এওঁ সহজে পোহ নামানে। এওঁৰ কাপোৰ খুলি পেলোৱা । জয়ন্তই মোৰ শাৰীৰ আঁচল ধৰি টানিবলৈ ধৰিলে। মই প্ৰাণপণে শাড়ীখন গাত মেৰিয়াবলৈ চেষ্টা চলালোএই সুযোগতে মদপীজনে মোৰ ব্লাউজ ফালি পেলালে। তাৰ পাছত সি মোৰ শাড়ীখন খুলি দলিয়াই দিলে। মই সম্পূর্ণভাবে উলংগ হৈ পৰিলো ৷ লাজ-অপমানত ম্ৰিয়মান হৈ মই দুহাতেৰে স্তন যুগল ঢাকি ধৰিলো ৷

মদপীজনে ড্ৰাইভাৰক নিৰ্দেশ দিলে- যোৱা, সিটো কোঠালিৰ পৰা কেমেৰা লৈ আহাগৈ। এওঁৰ লগত আজি কোনো অন্যায় নকৰোঁ । আজি মাথোন ফটো তুলি এৰি দিম। কেতিয়াবা সন্মত হ'লে তেতিয়া মৰম কৰিম৷

জয়ন্তই মুভিং কেমেৰা লৈ আহিল। মদপীজন নাঙঠ হৈ মোৰ প্ৰবল বাধা সত্ত্বেও মোক পুতলা নচুৱাদি নচুৱাই বিভিন্ন ধৰণে পজ দি যাবলৈ ধৰিলে।

তাৰ পাছত কি হ? অর্ণৱে উত্তেজিতভাবে সুধিলে।

ছন্দাই ক'লে- ফটোবোৰ তোলাৰ পাছত মানুহজনে মোৰ ফালে শাড়ীখন দলিয়াই দি ক'লে- শাড়ী পিন্ধি লোৱা । তাৰ পাছত মোৰ কথাবোৰ মনোযোগেৰে শুনা।

মই শৰাহত পহুৰ দৰে ঢলং-ঢপংকৈ থিয় হৈ কম্পিত হাতত শাড়ী পিন্ধিলোএই ছেগতে মদপীজনেও কাপোৰ পিন্ধি ছোফা এখনলৈ আঙুলিয়াই'লে- সৌ ছোফাখনত বহা ৷

মই নবহিলো ৷ কলো- মোক এতিয়া যাবলৈ দিয়া।

নিশ্চয় দিম। মদপীজনে ক'লে-আমি যি কৰিলোঁ সেয়া তুমি স্বচক্ষেই দেখিলা । আমি ইচ্ছা কৰিলে বহু কিবাকিবিয়ে কৰিব পাৰিলোহেঁতেন তোমাৰ লগত, কিন্তু কৰা নাই। তোমাৰ ইচ্ছাৰ বিৰুদ্ধে ম‍ই তোমাৰ নাৰীত্বৰ অপমান নকৰো। ইমান পাষণ্ড ম‍ই নহওঁ। তুমি যিদিনা ইচ্ছা কৰি কবা সিদিনাই তোমাক মৰম কৰিম বাৰু। এতিয়া শুনা, অলপ আগতে কেমেৰাত যিবোৰ দৃশ্য বন্দী কৰা হ'ল সেইবোৰ ফটো বনাই চহৰৰ অলিয়ে-গলিয়ে লগাই দিলে বনজুইৰ দৰে তুমি চহৰখনত বিখ্যাত হৈ পৰিবা। তেতিয়া তোমাৰ আত্মহত্যাৰ বাহিৰে বেলেগ কোনো পথেই খোলা নাথাকিব।

মোৰ তেতিয়া দীঘলীয়া বক্তৃতা শুনাৰ ধৈৰ্য নাছিল। মই তাৰ পৰা গুচি অহাৰ কাৰণে অস্থিৰ হৈ উঠিলো। গতিকে ম‍ই প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লো- কোৱা, কি কৰিব লাগিব৷

মদপীজনে ব্যৱসায় সূলভ ভংগীত কলে- তুমি ধনীৰ দুলালী। দেউতাক অধিৱক্তা। তোমাৰ নিজৰ আয়ো কম নহয় । তথাপিও তোমাক মই বেছি বোজা জাপি দিব বিচৰা নাই। যিমান দিনলৈকে তুমি মোৰ প্ৰস্তাৱত সন্মত নহবা সিমান দিনলৈকে তুমি মোক মাহিলি এহেজাৰ টকাকৈ দি যাব লাগিব। মোৰ প্ৰস্তাৱত সন্মত হ'লে সিদিনাৰ পৰা তুমি টকা দিব নালাগে। মাথোন মোক দেহদান কৰিলেই হ'ব। প্ৰত্যেক মাহৰ দহ তাৰিখে এই টকা মোক হোটেল ফৰচনলৈ গৈ দি আহিব লাগিব। বিনিময়ত মই এই ফটোবোৰ বাকচত তলাবন্ধ কৰি ৰাখিম। পুলিচৰ ওচৰলৈ যাবলৈ চেষ্টা নকৰিবা। মোৰ কথা উপেক্ষা কৰি গ'লেও মোৰ একো ক্ষতি নহ'ব। মিছাতে তুমি চিপলৈ আত্মহত্যা কৰিব লাগিব। তুমি এতিয়া যাব পাৰা৷

মদপীজনৰ পৰা অনুমতি পাই মই বিপর্যস্ত বিধ্বস্ত অৱস্থাত তাৰ পৰা গুচি আহিলো ৷

কাহিনী শেষ কৰি ছন্দাই বিষণ্ণ উদাস দৃষ্টিত অৰ্ণৱৰ ফালে চালে।

অর্ণৱে নিৰ্বাক নিস্পন্দভাবে চকু বিস্ফাৰিত কৰি অতি মনোযোগেৰে ছন্দাৰ কথাবোৰ শুনি আছিল। প্রবল ইচ্ছা থকা সত্ত্বেও সি মাজতে মাথোন এটা প্ৰশ্নৰ বাহিৰে বেলেগ প্ৰশ্ন কৰা নাছিল। ইফালে একুৰিয়ামৰ মাছৰ দৰে বহু প্রশ্নই তাৰ মনত তল-ওপৰ কৰি আছিল। সেয়ে ছন্দা ৰৈ যোৱাৰ লগে লগে সি সুধিলে- তাৰ পাছত কি হ'?

ছন্দাই ক'লে- পাছৰ মাহৰপৰা মই হোটেল ফৰচুনলৈ গৈ টকা দি আছো। এয়াই হ'ল মই প্ৰতি মাহৰ দহ তাৰিখে হোটেল ফৰচুনলৈ যোৱাৰ ৰহস্য।

অর্ণৱে ক'লে- সেই মদপীজন নিশ্চয় মাণিক মুদৈ আছিল ?

আপোনাৰ অনুমান সঁচা। ছন্দাই স্বীকৃতিত মূৰ দুপিয়ালে।

মাণিক মুদৈয়ে আপোনাক বিয়াৰ প্ৰস্তাৱ দিছিল নেকি ?

ছন্দাৰ বসন্তৰ দৰে বৰ্ণ সুষমাত উজ্জ্বল মুখমণ্ডল নিষ্প্রভ হৈ পৰিল ৷ তাই প্রশ্নবোধক দৃষ্টিত অৰ্ণৱৰ ফালে চালে। অর্ণৱে তাইৰ দৃষ্টিৰ অৰ্থ উপলব্ধি কৰিব পাৰি অভয় দিয়াৰ কাৰণে ক'লে- আপোনাৰ কোনো ভয় নাই। মোৰ ওচৰত কোনো কথা নুলুকাব।

অৰ্ণৱৰপৰা আশ্বাস পাই ছন্দাই ক'লে- হয়, তাক বিয়া নকৰালে ফটোবোৰ চহৰৰ অলিয়ে-গলিয়ে লগাই দিব বুলি মোক ভাবুকি দিছে।

: প্রথমা স্ত্রী থাকোঁতে আপুনি তাক বিয়া নকৰায় বুলি কৈছিল নেকি?

: হয়, কৈছিলো । কাৰণ তাৰ লগত বিয়া সুমুৱাৰ মোৰ মুঠেই ইচ্ছা নাই ।

: মুদৈয়ে তেতিয়া কি কৈছিল ?

মৃদুলা মুদৈক আঁতৰোৱাৰ ব্যৱস্থা কৰিব বুলি কৈছিল। এইদৰে কৈ ছন্দাই ক'লে- মিছেছ মুদৈক মাণিক মুদৈয়েই হত্যা কৰিছে নেকি ?

 বৰ্তমান কথাটো তেনেকুৱাই অনুমান হৈছে। অর্ণৱে ক'লে- পুলিচে এইখিনি কথা জানিব পাৰিলে তাক নিশ্চয় এৰি নিদিয়ে। নাই নাই, আপুনি ইয়াকে লৈ ভয় নকৰিব। আপোনাক ম‍ই কথা দিছোঁ, আপোনাৰ কোনো ক্ষতি মই হ'বলৈ নিদিওঁ। আপুনি এতিয়া যাওঁক । প্রয়োজন হ'লে আপোনাক ম‍ই মাতিম ।

অৰ্ণৱ বহাৰপৰা উঠি দুৱাৰৰ ছিটকনিডাল খুলি দিলে।

ছন্দাই বহাৰপৰা উঠি কলে- আপুনি এই কথা কাৰো আগত প্ৰকাশ নকৰিব। নহ'লে মই মৰি যাম

অর্ণৱে অভয় দি ক'লে- আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক ৷ আপোনাৰ কোনো ক্ষতি মই হ'বলৈ নিদিওঁ।

ছন্দা চিন্তাক্লিষ্টভাবে কোঠালিৰপৰা ওলাই গ'ল। ছন্দা ওলাই যোৱাৰ পাছত কোঠালিটোত যেন মৰিশালিৰ নিস্তব্ধতা নামি আহিল । সি ছন্দাৰ প্ৰতি গভীৰ আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলে। বিপদ যেন ছন্দাৰ নহয়, তাৰ নিজৰহে বিপদ এনেকুৱা অনুমান হ'বলৈ ধৰিলে অৰ্ণৱৰ। যিকোনো মূল্যৰ বিনিময়ত সি ছন্দাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সংকল্পৱদ্ধ হ'ল।*

                                        ছয়

ৰেকৰ্ড প্লেয়াৰটো কাৰ্টুনত ভৰাই বিছনাৰ তলত থৈ অর্ণৱে ছন্দা বৰ্মনৰ কাহিনী বাণীৱদ্ধ হোৱা কেছেটটো জয়শ্ৰীক দিব, নে নাই এই বিষয়ে ভাবিবলৈ ধৰিলে। মাণিক মুদৈক ব্লেকমেল কৰিবলৈ গৈ যদি ছন্দাৰ কোনো ক্ষতি হয়? তাইৰ নগ্ন ছবিবোৰ যদি কেনেবাকৈ প্ৰকাশ হৈ যায়? তাইৰ তেতিয়া আত্মহত্যাৰ বাহিৰে বেলেগ উপায় নাথাকিব। কথাটো ভবাৰ লগে লগে অৰ্ণৱৰ গাটো ভূমিকম্পৰ জোকাৰণিৰ দৰে কঁপি উঠিল ৷

এনেতে জয়শ্রী কোঠালিৰ ভিতৰলৈ সোমাই আহি ক'লে- ছন্দা বৰ্মন ওলাই যোৱা দেখোন বহু সময় হ'? এতিয়াও কোঠালিৰ ভিতৰত কি ভাবি আছে?

অর্ণৱে জয়শ্ৰীৰ প্ৰশ্নত সম্বিত ঘূৰাই পালে। সি থমত্ খাই ক'লে- নাই নাই, একো ভবা নাই।

নাৰীয়ে পুৰুষৰ দুৰ্বলতা কোনখিনিত বুজিব পাৰে। অৰ্ণৱ যে ছন্দাৰ কথাকেই ভাবি আছিল অৰ্ণৱৰ তন্ময়তা দেখি সেয়া অনুমান কৰিবলৈ জয়শ্ৰীৰ অসুবিধা নহ'ল। সেয়ে তাই দেহত অপূৰ্ব হিল্লোল তুলি ক'লে- ছন্দা বৰ্মন অপূৰ্ব সুন্দৰী। তাইৰ প্ৰতি দুৰ্বল হোৱাটো একো আচৰিত কথা নহয়। বাৰু, সেইবোৰ বাদ দিয়ক। কেছেটটো কৰিছে নেকি?

অর্ণৱে সেমেনা-সেমেনি কৰি ক'লে- হয়, কৰিছো। কিন্তু তাইৰ কোনো ক্ষতি নকৰোঁ বুলি মই কথা দিছো ৷

জয়শ্ৰীয়ে দৃঢ়কণ্ঠত কলে- আমিও তাইৰ ক্ষতি নকৰো। আমি মাণিক মুদৈৰ বাহিৰে আন কাৰো আগত কথাটো নকওঁ। এই বিষয়ে আপুনি নিশ্চিন্ত থাকিব পাৰে ৷

জয়শ্ৰীৰ দৃঢ় কণ্ঠৰ প্ৰতিশ্রুতিয়েও অৰ্ণৱক সংশয় মুক্ত কৰিব নোৱাৰিলে। সি ক'লে- মুদৈয়ে তাইৰ লগত যি দুৰ্ব্যৱহাৰ কৰিছে তাতেই তাই মানসিকভাবে বিপর্যস্ত হৈ পৰিছে। ভুতৰ ওপৰত দানহ পৰাদি আমি যদি তাইৰ তিলমানো ক্ষতি কৰোঁ, তেনেহ'লে মূৰত বোজা লৈ থকা মানুহ এজনৰ ভৰিৰ তলত কাঁইট ৰখাৰ নিচিনা কথা হ'ব।

ছন্দাৰ প্ৰতি অৰ্ণৱ দুৰ্বল হৈ পৰাটো জয়শ্ৰীয়ে মাথোন অনুমানহে কৰিছিলঅৰ্ণৱৰ কথাত সেই ধাৰণা স্পষ্ট হৈ পৰিল । তাই ভবাতকৈও যেন অৰ্ণৱ অধিক আকৰ্ষিত হৈছে ছন্দাৰ প্ৰতি। হোৱাটোও স্বাভাৱিক। ছন্দা দীৰ্ঘাংগী লাৱণ্যময়ী। তাইৰ ৰূপ যৌৱনৰ প্ৰতি আকৰ্ষিত হোৱাটো তেনেই স্বাভাৱিক। সান্নিধ্য লৈ আহিলেতো কথাই নাই। অর্ণৱে মাথোন ছন্দাৰ সান্নিধ্যলৈয়ে অহা নাই। তাইৰ জীৱনৰ গোপন দিশ এটাৰ বিষয়েও জানিব পাৰিছে। এজনী নাৰীক অযথা লাঞ্ছিতা হোৱা দেখিলে পুৰুষৰ মন স্বাভাৱিকতে বিদ্ৰোহী হৈ উঠে। তাইৰ প্ৰতি অনুকম্পা ওপজে। আকৰ্ষণ অনুভৱ কৰে। সেয়ে তাই অৰ্ণৱক আশ্বাস দিয়াৰ কাৰণে কলে- ভয় নকৰিব। আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক, ছন্দাৰ কোনো ক্ষতি আমি হ'বলৈ নিদিওঁ। জোচেফেও নাৰীৰ অৱমাননা সমৰ্থন নকৰে ।

জেচেফৰ নামটো শুনাৰ লগে লগে অর্ণৱে সপ্রশংস দৃষ্টিত জয়শ্ৰীৰ ফালে চালে। জোচেফক অর্ণৱে তিনি বছৰ আগৰপৰা জানে৷

অসংযত ৰুক্ষ চুলি। মুখ ভৰা ভোবোকাৰ দাঢ়ি। বয়স চল্লিছৰপৰা পঞ্চল্লিছৰ ভিতৰত। পিন্ধনত গেৰুৱা কাপোৰ। উদং গা। ভৰিত টায়াৰৰ ছেণ্ডেল। বাহু আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা । হাতত ত্ৰিশূল।

জোচেফ এজন সন্ন্যাসী হিচাপেই সকলোৰে ওচৰত পৰিচিত। পুলিচে কিন্তু তাক এজন সন্ত্রাসীদলৰ সদস্য হিচাপে সন্দেহ কৰে। কিন্তু প্ৰমাণৰ অভাৱত সন্ত্ৰাসবাদীৰ তালিকাভূক্ত কৰিব পৰা নাই। মন্ত্ৰী, বিধায়ক, ব্যৱসায়ীকে আদি কৰি প্ৰতিজন ক্ষমতাশালী ব্যক্তিৰ লগত জোচেফৰ সম্পৰ্ক ভাল। কলিৰ দুর্বাসা বুলি সকলোৱে তাক সমীহ কৰি চলে। চহৰৰ প্ৰতিজন অসামাজিক লোকেই তাক সন্মান কৰে। প্ৰয়োজনত দিহা-পৰামৰ্শ বিচাৰি তাৰ ওচৰলৈ যায়। নাৰীৰ প্ৰতি অন্যায় কৰা দেখিলে সি উন্মাদপ্ৰায় হৈ উঠে। যিকোনো মূল্যৰ বিনিময়ত সেই অন্যায় প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰে। প্ৰয়োজনত নৰহত্যা কৰিবলৈও সি কুণ্ঠাবোধ নকৰে। অর্ণৱে ছমাহমান আগতে নিজেই এদিন তাৰ প্ৰমাণ পাইছে।

সিদিনা ৰাতি দহ বজাত অৰ্ণৱ ভাড়ালৈ কামাখ্যা মন্দিৰলৈ গৈছিল। ভাড়া নমাই থৈ উভতি অহাৰ বাটত আকস্মিকভাবে সি জোচেফক লগ পাইছিল। নিশা ভালেখিনি হৈছিল। ইফালে প্ৰচণ্ড ঠাণ্ডাও পৰিছিল। ফলত ৰাস্তাত যাতায়ত সেৰেঙা আছিল। ৰাস্তাৰ মাজত থিয় দি দুই হাত প্ৰসাৰিত কৰি জোচেফে তাৰ অট' ৰখাইছিল। অর্ণৱে অটৰ গতি কমাই জোচেফৰ কাষলৈ আহি মূৰটো উলিয়াই সুধিছিল- যাব ক'লৈ ।

জোচেফে নিৰ্বিকাৰভাবে কলে- আগতে অটৰপৰা নামি আহা। সৌখিনিত মানুহ এজন হঠাৎ অসুস্থ হৈ পৰিছে। সোনকালে মেডিকেল লৈ নিব লাগে। মই অকলে পৰা নাই। তুমি মোক অকনমান সহায় কৰি দিয়া । তালৈকে অট' নাযায়। খোজ কাঢ়ি যাব লাগিব।

খোজ কাঢ়াৰ কথা শুনি অৰ্ণৱ প্ৰথমাৱস্থাত কিছু বিৰক্ত হৈছিল যদিও আদেশ বুলি ভাবি আৰু ৰোগীৰ কথা শুনি সি নিজক চম্ভালি ললে।। কলে- ৰোগী ? '?

জোচেফে বিশেষ ঠাই এডোখৰলৈ আঙুলিয়াই ক'লে- সৌৱা তাত । বলা ।

অৰ্ণৱ জোচেফৰ পিছে পিছে যাবলৈ ধৰিলে। মূল ৰাস্তাৰ পৰা ফালৰি কাটি গছ-গছনিৰ মাজে মাজে পোন্ধৰ মিটাৰমান খোজকাঢ়াৰ পাছত সিহঁতে এডোখৰ সমতল ঠাই পালে। নৱমীৰ জোনটোৱে তেতিয়া পশ্চিমাকাশত ক্ষীণ পোহৰ বিলাই আছিল। জোনৰ পোহৰত অর্ণৱে এডোখৰ চেপেটা বহল শিলৰ ওপৰত এজন মানুহক চিত হৈ শুই থকা দেখিলে। অনতি দূৰতে এজনী ছোৱালীক সি উৎকণ্ঠিতভাবে থিয় দি থকা প্ৰত্যক্ষ কৰিলে। ওঠৰ ঊনৈছ বছৰীয়া এজনী ছোৱালী। চকু-মুখত আতংকিত দৃষ্টি।

অর্ণৱে শিলৰ ওপৰত নিথৰভাবে পৰি থকা মানুহজনলৈ আঙুলিয়াই কলে- সৌজনেই নেকি ?

জোচেফে কলে- এৰা, সেইজনেই।

কাষলৈ গৈ ডেকাজনৰ গাত হাত দি অৰ্ণৱ বিস্ময় আতংকত কঁপি উঠিল। সি উদ্বেগ কাতৰ দৃষ্টিত জোচেফৰ ফালে চালে।

জোচেফে অৰ্ণৱৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি কাষতে পৰি থকা ত্রিশূলটোলৈ আঙুলিয়াই ক'লে- বিস্ময়ৰ কোনো কাৰণ নাই। ভয়ো কৰিব নালাগে। ডেকাজনক ময়ে সৌ ত্ৰিশূলটোৰে হত্যা কৰিছো। দুজন দৌৰি পলাইছে। নহ'লে সিহঁতকো হত্যা কৰিলোহেঁতেন!

জোচেফ আৰু ছোৱালীজনীয়ে কোৱামতে ঘটনাটো ঘটিছিল এনেকৈ--

জোচেফে সিদিনা কামাখ্যা মন্দিৰতে এজোপা গছৰ তলত ধ্যানমগ্ন হৈ আছিল । তাৰ পৰা কিছু নিলগত ফুচফুচনিৰ শব্দ শুনি তাৰ ধ্যান ভংগ হ'ল ৷ সি শব্দৰ উৎস বিচাৰি কাণ পোনালে। দৃষ্টি প্ৰসাৰিত কৰি সি ঘটনাৰ বুজ ল'বলৈ যত্ন কৰি বিফল হ'ল। গতিকে সি বহাৰপৰা উঠি শব্দ অনুসৰণ কৰি আগুৱাই গ'ল৷

দৃশ্যটো প্ৰত্যক্ষ কৰি জোচেফ বাকৰূদ্ধ হৈ গ'ল । ডেকা এজনে এজনী ছোৱালীৰ ওপৰত পাশৱিক নির্যাতন চলাই আছিল । দৃশ্যটো দেখি তীব্র উত্তেজনাত তাৰ শিৰা-উপশিৰা ফুলি উঠিল। খঙত অগ্নিশৰ্মা হৈ সি ত্ৰিশূল দাঙি দৃশ্যটোৰ ফালে আগবাঢ়িল। তাক দেখি অনতিদূৰত ৰৈ থকা ডেকা দুজন দৌৰি পলাল৷

ছোৱালীজনীক লৈ পাশৱিক খেলত মত্ত হৈ থকা ডেকাজনে তাৰ উপস্থিতিৰ কথা গম নাপালে বা গম পায়ো গ্রাহ্য নকৰিলে। কিন্তু ছোৱালীজনীয়ে জোচেফক দেখি ডেকাজনক ওপৰৰ পৰা ঠেলা মাৰি বগৰাই পেলাই দি চুঁচৰি-বাগৰি আহি জোচেফৰ ভৰিত ধৰি ক'লে- মোক বচাওঁকপাষণ্ডহঁতে মোক মাৰি পেলাব।

জোচেফে ঘটনাটোৰ বিষয়ে অনুমান কৰিব পাৰিছিল যদিও প্রকৃত ঘটনাৰ বুজ ল'বলৈ সুধিলে- ইয়ালৈ কেনেকৈ আহিলা ?

ছোৱালীজনীয়ে আবেগ পীড়িত কণ্ঠত কলে- মোৰ ঘৰ গাঁৱত। মা-দেউতাৰ আৰ্থিক অৱস্থা বেয়া। সেয়ে মা-দেউতাই মোক প্রায় সাত বছৰ ধৰি এজন উকিলৰ ঘৰত থৈছে। ইতিমধ্যে ডেকাজন উঠি সিহঁতৰ ফালে আগুৱাই আহি আছিল। ছোৱালীজনীয়ে ডেকাজনৰ ফালে আঙুলিয়াই ক'লে- এওঁ উকিলৰ ঘৰৰ ওচৰৰে এজন ধনী মানুহৰ ল'ৰা। সি মোক সদায় অশ্লীল ইংগিত দি থাকে । মই সঁহাৰি নিদিও । আজি মোৰ মালিক-মালিকিনী ঘৰত নাই। এঘৰত বিয়া খাবলৈ গৈছে। ম‍ই ঘৰত অকলেই আছিলো। এওঁৰ লগত আন দুজন ডেকা গৈ মোক ঘৰৰপৰা বলপূর্বক উঠাই ইয়ালৈ লৈ আহিছে আৰু........

ছোৱালীজনীয়ে কথা শেষ কৰাৰ আগতেই ডেকাজন ঢলং-ঢপংকৈ আহি জোচেফৰ সন্মুখত বুকু ফিন্দাই থিয় হৈ ক'লে- ইয়ালৈ মৰিবলৈ আহিছ কিয় ? গুচ্ ইয়াৰ পৰা। যা, ধ্যান কৰি থাক গৈ। এইদৰে কৈ সি ছোৱালীজনীৰ ফালে চোচা ললে।

ডেকাজনৰ দাম্ভিকতা দেখি জোচেফৰ মুখমণ্ডল বিৰক্তি ঘৃণাত হিংস্ৰ হৈ উঠিল। মুহূৰ্তৰ কাৰণে সি হিতাহিত জ্ঞান হেৰুৱাই পেলালে। ক্ষিপ্রহাতে সি ডেকাজনৰ বুকু লক্ষ্য কৰি ত্ৰিশূল মাৰি পঠিয়ালে। আৰ্তনাদ কৰি ডেকাজন ঢলি পৰিল।

এয়াই আছিল হত্যাৰ আঁৰৰ থূলমূল কাহিনী।

দৃশ্যটো দেখি অৰ্ণৱ স্তম্ভিত হৈ পৰিল। হতভম্বৰ দৰে সি জোচেফৰ ফালে চালে। জোচেফে তাৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি ক'লে- এতিয়া লাচটো ইয়াৰপৰা আঁতৰাই নি ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব আৰু ছোৱালীজনীক তাইৰ মাক-দেউতাকৰ ঘৰত থৈ আহিব লাগিব। নহ'লে ছোৱালীজনীৰ দিগদাৰ হ'ব। এইদৰে কৈ সি ডেকাজনৰ নিথৰ দেহালৈ আঙুলিয়াই ক'লে- এওঁক আই গোসাঁনীৰ নামত বলি দিছো। আই গোসাঁনীয়ে বলি গ্রহণো কৰিছে। পৰশুৰামে ক্ষত্ৰিয় নিধন কৰাৰ সংকল্প লৈছিল আৰু ম‍ই নাৰী নিৰ্যাতনকাৰীক নিধন কৰাৰ সংকল্প লৈছো। তুমি ভয় কৰিব নালাগে। একো নহয়। মই আৰু ছোৱালীজনী লাচটোৰ দুকাষে ধৰি বহি থাকিম। কোনোবাই কিবা সুধিলে অসুস্থ হৈ পৰা কাৰণে মেডিকেললৈ লৈ গৈ আছো বুলি ক'লেই হ'ব। তদুপৰি সন্ন্যাসী দেখিলে কোনেও সন্দেহো নকৰে ।

শেষত জোচেফৰ পৰামৰ্শ অনুসৰি লাচটো নি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ পাছত ছোৱালীজনীক তাইৰ মাক-দেউতাকৰ ঘৰত থৈ আহিছিল ৷

বেনামী কেছ হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ লগৰ ডেকা দুজনেও সাক্ষী দিবলৈ আগবাঢ়ি অহা নাই। ফলত কেছটো মাথোন কেছতে ৰৈ আছে। পুলিচে কোনো ধৰণৰ কাৰ্যকৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।

সিদিনাৰ পৰাই জোচেফৰ লগত অৰ্ণৱৰ পৰিচয়। জোচেফে তাক স্নেহও কৰে। গতিকে অর্ণৱে জোচেফৰ কথা শুনি মনত বল পালে। কাৰণ জোচেফে কেতিয়াও ছন্দাৰ ক্ষতি হ'বলৈ নিদিয়ে।

অর্ণৱে ক'লে- জোচেফক কথাটো কোৱা হৈছে নেকি?

জয়শ্ৰীয়ে উৎসাহেৰে ক'লে- নিশ্চয়। তাৰ লগত পৰামৰ্শ কৰিয়ে কামত আগবাঢ়িছো। সি ছন্দাৰ প্ৰতি কৰা অন্যায়ৰ প্ৰতিকাৰ কৰিবলৈ সংকল্পৱদ্ধ।

এনেতে কোনোবাই দুৱাৰত টুকুৰিয়াই মাতিলে- দুৱাৰ খোলা। জয়শ্ৰীয়ে জোচেফৰ মাত ধৰিব পাৰি ক'লে- ভয় নাই জোচেফ। এইদৰে কৈ তাই বহাৰ পৰা উঠি গৈ দুৱাৰ খুলি দিলে।

ভিতৰত সোমাই জোচেফে দুৱাৰ বন্ধ কৰি অৰ্ণৱৰ ফালে চাই সুধিলে- ভয় কৰিছা নেকি? কোনো ভয় নাই। আমি আছো তোমাৰ লগত৷ এইদৰে কৈ জোচেফে জয়শ্ৰীৰ ফালে চাই সুধিলে- এতিয়া কোৱা, কাম কিমানদূৰ আগবাঢ়িল?

জয়শ্ৰীয়ে উৎসাহেৰে ক'লে- প্ৰথম পৰ্বটো আমি ভবা ধৰণেই শেষ হৈছে। এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব লাগিব ।

জোচেফে অৰ্ণৱৰ ফালে চাই ক'লে- কোৱাচোন ছন্দাই কি ক'লে ?

জয়শ্ৰীয়ে মাজতে ক'লে- এওঁৰ পৰা আকৌ কি শুনিব। কেছেটটো বজাই শুনিলেই হ'ল।

জোচেফে অৰ্ণৱৰ ফালে চাই সুধিলে- কেছেটটো ক'?

অর্ণৱে বিছনাৰ তললৈ আঙুলিয়াই ক'লে- সৌ তাত৷ কাৰ্টুনৰ ভিতৰত আছে।

জোচেফে বিছনাৰ তলৰপৰা কাৰ্টুনটো বাহিৰ কৰি কেছেটটো ৰেকৰ্ডাৰত ভৰাই ছুইছ অন কৰিলে। চল্লিছ মিনিটমান পাছত কেছেট বন্ধ হ'ল। জোচেফে কেছেটটো পুনৰ কাৰ্টুনত ভৰাই ক'লে- ঠিকেই আছে। এইবাৰ মাণিক মুদৈ জালত পৰাটো নিশ্চিত

অর্ণৱে উৎকণ্ঠিত কণ্ঠত কলে- মাণিক মুদৈক জালত পেলাবলৈ গৈ ছন্দাৰ কোনো ক্ষতি নহয়তো ?

জয়শ্ৰীয়ে ঠাট্টাৰ সুৰত ক'লে- আপুনি দেখিছোঁ নিজৰ চিন্তাতকৈ ছন্দাৰ চিন্তা বেছিকৈ কৰিছে। আপোনাক বহুবাৰ কৈছো, ছন্দাৰ কোনো ক্ষতি কৰাৰ উদ্দেশ্য আমাৰ নাই। তথাপি আপুনি কিয় নিশ্চিন্ত হ'ব পৰা নাই ?

অর্ণৱে সেমেনা-সেমেনি কৰিবলৈ ধৰিলে ।

অৰ্ণৱক সেমেনা-সেমেনি কৰা দেখি জোচেফে নিশ্চয়তা প্ৰদান কৰিবলৈ ক'লে- আমি কেতিয়াও ছন্দাৰ ক্ষতি হ'বলৈ নিদিওঁ। প্রয়োজন হলে.... কথাটো তুমি নিশ্চয় বুজিব পাৰিছা। এইদৰে কৈ জোচেফে অৰ্ণৱক উৎসাহিত কৰিবলৈ ক'লে- নাৰীৰ প্ৰতি যে তোৰ সহানুভূতি আছে, এই কথা মই ছমাহ আগতেই উপলব্ধি কৰিব পাৰিছোঁ। সিদিনা কামাখ্যাৰ ঘটনাত তই সহায় নকৰা হ'লে সেই ছোৱালীজনী আৰু ম‍ই হয়তো জেলত পচি মৰিব লগা হ'লহেঁতেন। জানো, সিদিনা মই অন্যায় কৰিছিলো, কিন্তু তাৰ বাবে মই দুঃখিত নহওঁ। কাৰণ আমি সমাজৰ পৰা অপশক্তিবোৰ এনেকৈয়ে আঁতৰ কৰিব লাগিব। আইন দেখাত সকলোৰে কাৰণে সমান যদিও বহুক্ষেত্ৰত সমাজৰ ক্ষমতাশালী ব্যক্তিসকলে ধনৰ বলত সেই আইনকো নিজৰ অনুকূলে কৰি লয়। সেয়ে আইনে সদায় নিজৰ মৰ্যদা ৰক্ষা কৰিব নোৱাৰে।

যাৰ কাৰণে সিদিনা মই আপোনাৰ অন্যায় কামত সহযোগ কৰিছিলো । অর্ণৱে অকপটে নিজৰ মনৰ কথা খুলি ক'লে- সিদিনা প্ৰথমাৱস্থাত আপোনাক মই ঘৃণাৰ চকুৰে চাইছিলো; কিন্তু ঘটনাৰ বিৱৰণ শুনি আপোনাৰ প্ৰতি শেষমুহূৰ্তত মোৰ শ্ৰদ্ধাহে উপজিছিল।

সেইটোৱে মোৰ প্ৰথম নৰহত্যা নাছিল । জোচেফে কলে- তাৰ আগতেও মই এজন যুৱকক হত্যা কৰিছিলো । সেই কথা তোক মই পাছত ক'ম বাৰু। তাৰ আগতে শুনি ল' মাণিক মুদৈৰ নিষ্ঠুৰতাই কেনেকৈ মোৰ সৰ্বস্ব কাঢ়ি নিছে।

জোচেফে অতীত ৰোমন্থন কৰি কৈ যাবলৈ ধৰিলে- মাণিক মুদৈৰ দৰে বিবেকহীন মানুহবোৰে ধন আৰু ক্ষমতাৰ বলত যুগে যুগে আমাৰ দৰে নিৰীহ মানুহবোৰক তিলে তিলে মৃত্যুৰ মুখলৈ ঠেলি দি আছে। মোৰ এই বুকুত হাত থ'লেই গম পাবি মাণিক মুদৈক কেন্দ্ৰ কৰি মোৰ বুকুত কি ধৰণৰ জুই জ্বলি আছে! মাণিক মুদৈয়ে বাইছ বছৰ আগত মোৰ বুকুত যি জুইকুৰা জ্বলাইছিল, সেয়া চিতাৰ জুইৰ দৰে অনিৰ্বাণ মোৰ বুকুত জ্বলি আছে।

জোচেফে বুকুত খামুচি ধৰি নিজক চম্ভালি পুনৰ আৰম্ভ কৰিলে- সৰু হ'লেও মোৰো এখন সংসাৰ আছিল- শেফালিৰ বুকু ভৰা ভালপোৱা আছিল । কিন্তু মাণিক মুদৈৰ নিষ্ঠুৰতাই মোৰ সেই সুখৰ সংসাৰ পুৰি ছাই কৰি দিছে। তাৰ কামনাৰ বলি হৈ শেফালিয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। জোচেফ ৰৈ গ'ল। তাৰ চকুযোৰ কমাৰৰ ভাটাৰ দৰে জ্বলি উঠিল। হুমুনিয়াহ কাঢ়ি খন্তেক পাছতে সি পুনৰ আৰম্ভ কৰিলে-

প্রায় বাইছ বছৰ আগৰ কথা। মোৰ জন্ম হৈছিল গাঁৱত। আঠোটা সদস্যৰ এটি বৃহৎ পৰিয়ালত । মই পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিলো আমাৰ মাটি আছিল মাথোন চাৰি বিঘা। দেউতাই আছিল সংসাৰৰ একমাত্ৰ উপাৰ্জনক্ষম সদস্য। লোকৰ মাটি ঠিকা-আধি লৈ কেঁকো- জেঁকোকৈ কোনোমতে সংসাৰখন চলাই আছিল। দেউতা নিজে অশিক্ষিত হ'লেও লিখা-পঢ়াৰ প্ৰতি তাৰ খুবেই ধাউতি আছিল৷ গতিকে আমাৰ ভাই-ভনীকেইটাক স্কুললৈ পঢ়িবলৈ পঠাইছিল।

আমাৰ গাঁৱত নতুনকৈ হাইস্কুল এখন স্থাপন কৰা হৈছিল । মই তেতিয়া সেইখন হাইস্কুলৰ ছাত্ৰ । অষ্টম মানত পঢ়োঁ। বছৰেকীয়া পৰীক্ষাত ভালদৰেই উত্তীৰ্ণ হ'লো। তেতিয়া দেখা দিলে কিতাপৰ সমস্যাই। কিতাপ কিনিবলৈ বহু টকাৰ প্ৰয়োজন! কিন্তু ক'ত পোৱা যায় ইমান টকা!

আমাৰ বৰ দেউতাৰ পুতেক ললিত। সি চহৰত ৰিক্সা চলায়। সি ঘৰলৈ যোৱাত দেউতাই আমাৰ সমস্যাৰ কথা ক'লে- যতীনে এইবাৰ ক্লাছ নাইন পালে। ভালদৰেই পাছ কৰিছে। সুযোগ পালে যতীনে হেনো আৰু ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। এইবেলি হেনো বহু কিতাপ কিনিব লাগিব । সিদিনা বাটত লগ পাই কলিতা মাষ্টাৰে মোক এইদৰে ক'লে । কিন্তু কিতাপ কিনিবলৈ বৰ্তমান হাতত এটা টকাও নাই । খন্তেক ৰৈ দেউতাকে হুমুনিয়াহ কাঢ়ি কলে- তোৰ হাতত যদি টকা আছে, তেনেহ'লে এশ টকামান দিলে বৰ উপকাৰ হ'ব। ধান চপাবৰ হলেই। ধান চপাই তোৰ টকা পৰিশোধ কৰি দিম

দেউতাৰ কথা শুনি ললিত ককাইদেৱে আক্ষেপৰ সুৰত ক'লে- নাই খুড়া। থাকিলে নিশ্চয় দিলোহেঁতেন। তুমিতো জনাই মোৰ অৱস্থাৰ কথা। ৰিক্সাৰ পেডেল মাৰি কোনোমতে চাৰিটা পেট পুহি আছো। এইদৰে কৈ ললিতে কিছু সময় ভাবি ক'লে- যতীনক নহ'লে মোৰ লগত চহৰলৈ পঠিয়াই দিয়ক। কুৰি দিনমান ৰিক্সা চলালেই কিতাপৰ টকা হৈ যাব আৰু চহৰৰ পৰাই সি কিতাপ কিনি আনিব পাৰিব। থকাৰ বাবে চিন্তা নাই। মোৰ লগতে থাকিব পাৰিব।

ললিতৰ কথা শুনি দেউতাই হতাশ কণ্ঠত কলে- যতীনে ৰিক্সা চলাব নাজানে দেখোন! তদুপৰি টাউন-চহৰৰ কথা! সি দেখোন তলা-নলাকে নাপাব ৷

ললিতে দেউতাক উৎসাহিত কৰিবলৈ ক'লে- কোনো অসুবিধা নহ'ব। মই ৰিক্সা চলাবলৈ শিকাই দিম। দুদিনহে লাগিব মাথোন ৷ চহৰৰ অলি-গলি চিনাৰো কোনো দৰ্কাৰ নাই। পেছেঞ্জাৰেই চিনাই দিব।

দুদিন পাছত ললিত ককাইদেৱৰ লগত চহৰলৈ আহিলো। ললিত ককাইদেৱে মোক ৰিক্সা চলাবলৈ শিকাই দিলে। মহাজনৰপৰা ৰিক্সা এখনো লৈ দিলে। প্রথমদিনা ৰিক্সা চলাই ত্ৰিছ টকা পালো।

দহদিন ৰিক্সা চলোৱাৰ পাছত মোৰ কিতাপ কিনাৰ টকা হৈ গ'ল। কিতাপ কিনি ঘৰলৈ আহিলো।

উপাৰ্জনৰ ভাল উপায় এটা পালো। দীঘলীয়া বন্ধ পালেই চহৰলৈ আহি ৰিক্সা চলাবলৈ ধৰিলো। কেতিয়াবা মই নিজেই আহো আৰু টকাৰ প্ৰয়োজন হলে কেতিয়াবা দেউতায়ো পঠাই দিয়ে। লিখা-পঢ়াৰ লগতে পাৰোঁমানে দেউতাক সহায় কৰিবলৈ ধৰিলো ৷

মোৰ মেট্ৰিকলৈ ছমাহ থাকোঁতে দেউতাৰ পক্ষাঘাত হ'ল। ফলত ঘৰৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হ'ল। ভোকে-লঘোণে আটায়ে কষ্ট পাবলৈ ধৰিলে। মা-দেউতা-ভাই-ভনীকেইটাৰ বিষণ্ণ শুকান মুখবোৰ দেখি মোৰ অন্তৰাত্মা হাহাকৰ কৰি উঠিল। বিষণ্ণ কৰুণ মৌন বেদনাই মোক থকা-সৰকা কৰিবলৈ ধৰিলে। ঘৰখনৰ জ্যেষ্ঠ সন্তান হিচাপে আটায়ে মোৰ মুখলৈ চাই আছে। এক অবুজ বেদনাই মোৰ বুকুখন হেঁচি ধৰিলে। অৱশেষত মই নিজৰ চিন্তা এৰি ঘৰখনৰ চিন্তা কৰিবলৈ সিদ্ধান্ত ল'লো আৰু চহৰলৈ আহি ৰিক্সা চলাবলৈ ধৰিলো।

ৰিক্সা চলাই পোৱা এটা টকাও ম‍ই নিজৰ কাৰণে সাঁচি নাৰাখি ঘৰলৈ পঠাবলৈ ধৰিলো। ভাবিলো, ভাই-ভনীকেইটাই মোৰ ভৱিষ্যত। বিশেষকৈ ভায়েক বীৰেণৰ ওপৰতে মোৰ সকলো আশা-আকাংক্ষা কেন্দ্রীভূত হ'ল। সি লেখা-পঢ়াত যথেষ্ট ভাল। স্কুলখনৰ লগতে গাঁৱৰ সকলো মানুহৰ চকু বীৰেণৰ ওপৰত। গাঁৱখনৰ আটায়ে তাৰ প্ৰশংসাত পঞ্চমুখ। বীৰেণৰ প্ৰশংসা শুনিলে মোৰ বুকু ফুলি উঠে। ৰাতি দুপৰলৈকে ৰিক্সা চলাও। ঘৰখনৰ খৰচৰ উপৰিও বীৰ্ণেৰ টিউচনৰ টকা যোগান ধৰোঁ। শিক্ষকসকলো বীৰেণৰ প্ৰতি আশাবাদী। বীৰেণে ভাল ফলাফল প্ৰদৰ্শন কৰি স্কুলৰ সুনাম কঢ়িয়াই আনিব। মেট্ৰিক পৰীক্ষা হৈ গ'ল। আশা কৰা ধৰণেই বীৰেণে মেট্ৰিকত ভাল ফলাফল প্ৰদৰ্শন কৰিলে ৷ চাৰিটা বিষয়ত লেটাৰ মাৰ্কলৈ সি মেট্ৰিক পাছ কৰিলে। গৰ্বত মোৰ বুকু ফুলি উঠিল।

বীৰেণক ছাইঞ্চত ভৰ্তি কৰি দিলো। বুকুত অফুৰন্ত আশা ৷ বীৰেণ এদিন মানুহ হ'ব- সিহঁতৰ দুখ-দুৰ্দশা লাঘৱ হ'ব। বীৰেণৰ ককায়েক বুলি মই বুকু ফিন্দাই মানুহৰ আগত পৰিচয় দিম। আঃ! কিযে সীমাহীন কল্পনা। দিন বাগৰিবলৈ ধৰিলে । বীৰেণে পুনৰ চাৰিটা বিষয়ত লেটাৰ মার্কসহ আই, এ পাছ কৰিলে। সি মেডিকেলত ছিট পালে। ঠিক এনেতে মই কাৰখানা এটাত চাকৰি পালো ৷ খৰালি শুকাই যোৱা শান্ত শীৰ্ণ নদীৰ বুকুত বাৰিষা জোৱাৰ অহাৰ দৰে দুখৰ মাজতো আমাৰ সংসাৰলৈ আনন্দৰ জোৱাৰ আহিল।

ঠিক এনেকুৱা এটি সময়তে ঘটিল ঘটনাটো। ৰন্ধা-বঢ়া কৰি খোৱাত অসুবিধা হয় কাৰণে মোৰ লগতে একেটা কাৰখানাত কাম কৰা বাঙালি পৰিয়াল এটাত মই পেয়িং গেষ্ট হিচাপে থাকিবলৈ ল'লো । তাৰ এজন ল'ৰা আৰু চাৰিজনী ছোৱালী । এজনী ছোৱালী জন্মান্ধ৷ নাম শেফালি।

সিদিনা আছিল দেওবাৰ। ফলত কাৰখানা বন্ধ আছিল। শেফালিৰ বাহিৰে ঘৰখনত আন কোনো সদস্য নাছিল। বন্ধ কাৰণে আটায়ে চিনেমা চাবলৈ গৈছিল। মই মোৰ কোঠালিত অকলে বহি খিড়িকিৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰি আছিলো ৷

বেলিৰ কিৰণে তেতিয়া পৃথিবীৰপৰা বিদায় লোৱাৰ প্ৰস্তুতি চলাই আছিল। লাহে লাহে ধৰাৰ বুকুলৈ এন্ধাৰ নামি আহি আছিল। পোহৰ আৰু এন্ধাৰৰ মায়াজালে ধৰাৰ বুকুত অনিন্দ্য সুন্দৰ সপোন ৰচিছিল। মই তন্ময় হৈ পোহৰ আৰু এন্ধাৰৰ লুকাভাকু চাই আছিলো ৷

হঠাৎ ভিতৰ ফালৰ কোঠালিৰ পৰা অস্ফুট চিঞৰৰ শব্দ ভাহি আহিল । মই শব্দৰ উৎস বিচাৰি কাণ পোনালো। এইবাৰ চিঞৰৰ ঠাইত ধ্বস্তাধ্বস্তিৰ শব্দ শুনিবলৈ পালো।

কিবা অঘটন ঘটিছে বুলি ভাবি মই পোনে পোনে শেফালিহঁতৰ শোৱনি কোঠালি লৈ সোমাই গ'লো ।

কোঠালিত সুমুৱাৰ লগে লগে এটি কল্পনাতীত নাৰকীয় দৃশ্য মোৰ চকুত পৰিল। দৃশ্যটো দেখি বিস্ময়ত মোৰ চকু কপালত উঠিল।

ডেকা এজনে তাইক গবা মাৰি ধৰি ৰাখিছে আৰু ডেকাজনৰ হাতৰ পৰা মুকলি হোৱাৰ কাৰণে শেফালিয়ে প্রাণপণে চেষ্টা কৰি আছে ৷ ডেকাজনক ম‍ই চিনিব পাৰিলো। সি এজন উকিলৰ পুতেক। শেফালিহঁতৰ কাষতে ঘৰ। শেফালিৰ গাত পেটিকোট আৰু ব্লাউজৰ বাহিৰে বেলেগ কাপোৰ নাই। দৃশ্যটো দেখি মই স্তব্ধ হৈ গ'লো। চেষ্টা কৰিও মই মুখৰ পৰা এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলো।

মোৰ উপস্থিতিয়ে ডেকাজনৰ ওপৰত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। সি ঠেলা মাৰি শেফালিক মজিয়াত পেলাই দি তাইৰ ওপৰত জঁপিয়াই পৰিল ।

মই শেফালিৰ ফালে চালো৷ তাইৰ মুখমণ্ডলত আংতক মিহলি দৃষ্টি। স্নিগ্ধ এজাক ৰূপোৱালী জোনাক যেন নিমমতাৰ কলা ডাৱৰে ঢাকি ধৰিছে। দুই হাতেৰে ঠেলি-হেঁচি শেফালিয়ে ডেকাজনক তাইৰ ওপৰৰ পৰা নমাবলৈ প্ৰাণপণে চেষ্টা কৰিছে। শেফালিৰ অৱস্থা আৰু ডেকাজনৰ বৰ্বৰতা দেখি মোৰ ৰক্তস্রোত উষ্ম হৈ উঠিল।

মই চিঞৰি উঠিলো- এইবোৰ কি হৈছে? অন্ধ ছোৱালী এজনীৰ লগত এনেকুৱা আচৰণ কৰিবলৈ লাজ লগা নাই তোমাৰ?

মোৰ চিঞৰ শুনি শেফালিয়ে দেহৰ সমস্ত শক্তি প্রয়োগ কৰি ডেকাজনক ঠেলা মাৰিৰ পেলাই দি উঠি থিয় হ'ল। লাজ-মান-অপমানত তাই ঠক্ ঠককৈ কঁপিবলৈ ধৰিলে।

ডেকাজনে ক্রুদ্ধ দৃষ্টিত মোৰ ফালে চালে। মোৰ উপস্থিতি লৈ ভ্ৰূক্ষেপ নকৰি সি চিকাৰী বাঘৰ দৰে পুনৰ শেফালিৰ ওপৰত জঁপিয়াই পৰিবলৈ উদ্যত হ'ল।

সৰু কোঠালি। মই প্ৰায় ডেকাজনৰ কাষতে আছিলো ৷ মই ডেকাজনৰ এখন হাতত ধৰি ক'লো- এখোজো আগ নাবাঢ়িবা ৷ নহ'লে কথা বেয়া হ'ব। ম‍ই চিঞৰি মানুহ মাতিম৷

ডেকাজনে অতর্কিতে আঁজোৰ মাৰি মোৰ হাতৰ পৰা মুকলি হৈ তাচ্ছিল্যৰ সুৰত ক'লে- আগবাঢ়িলে কি কৰিবি? মাৰিবি? জানা ম‍ই কোন? চহৰৰ বিখ্যাত উকিলৰ ল'ৰা মই। মনে মনে ইয়াৰ পৰা আঁতৰ হ'বেছি দাদাগিৰি দেখুৱাবলৈ নাহিবি। কথা বেয়া হ'

ডেকাজনৰ কথাত ম‍ই আহত হ'লো। কলো- তোমাৰ দেউতাৰা উকিল, এয়া মই জানো। আমি আটায়ে তেওঁক সন্মানো কৰোঁ। কিন্তু তোমাৰ এই আচৰণ ! মানুহে শুনিলে কি বুলি ক? এয়া ভদ্ৰ মানুহৰ কাম নহয়। অসভ্য বৰ্বৰবোৰেহে এনেকুৱা কাম কৰে।

বাৰুদৰ স্তুপত যেন জুই জ্বলিল। ক্ৰোধত উন্মত্ত হৈ ডেকাজনে ক'লে- কি কলি ? মই অসভ্য বৰ্বৰ? কাৰখানাৰ মজদুৰে মোক ভদ্রতা শিকাবলৈ আহিছে! অসভ্য, জানোৱাৰ... এইদৰে কৈ জাঁপ মাৰি আহি মোৰ মুখত ঘোচা শোধালে।

মই ঘোচাৰ কাৰণে মুঠেই সাজো নাছিলো । অপ্রত্যাশিত ঘোচা খাই মই মজিয়াত পৰি গ'লো৷ ডেকাজন মোৰ বুকুৰ ওপৰত উঠি বহিল । সি দুহাতেৰে চুলিত ধৰি মজিয়াত মোৰ মূৰটো ঠেকেচিয়াবলৈ ধৰিলে। মোৰ দেহৰ যন্ত্ৰণাতকৈ ক্ৰোধ আৰু বিৰক্তি প্ৰবল হৈ উঠিল। মই ভৰিটো কোঁচাই আনি ডেকাজনৰ পেটত লাথি মাৰিলো । লাথি খাই সি মজিয়াত লুটি খাই পৰিল।

মই মজিয়াৰ পৰা উঠি ডেকাজনৰ ফালে আগুৱাই যোৱাৰ লগে লগে সি মোৰ সোঁভৰিৰ আঁঠুত লাথি মাৰিলে। মই পুনৰ মজিয়াত লুটি খাই পৰি গ'লো । মজিয়াত এডাল লোৰ ৰড্‌ পৰি আছিল। ৰড্‌ডাল মোৰ হাতত লাগিল ৷ মই ৰডাল খামোচ মাৰি ধৰি পুনৰ থিয় হ'লো ৷

ডেকাজনে পুনৰ মোক আক্ৰমণ কৰিবলৈ উদ্যত হ'; কিন্তু মোৰ ৰড্‌ দেখি সি থমকি ৰৈ গ'ল।

মই তেতিয়া আক্রোশ ক্ৰোধত বলিয়াৰ দৰে হৈ উঠিছো। খং উঠিলে মানুহৰ হিতাহিত জ্ঞান লোপ পায়। মোৰ ক্ষেত্ৰতো সেয়াই হ'ল। মই একেকোবে গৈ ডেকাজনৰ মূৰত ৰড্‌ডালেৰে আঘাত কৰিলো। ডেকাজনে দুহাতেৰে ৰড্‌ডাল প্রতিহত কৰিবলৈচেষ্টা কৰিলে যদিও বিফল হ'ল। ৰড্‌ডাল তাৰ মূৰত লাগিল । অস্ফুট আর্তনাদ কৰি ডেকাজন মজিয়াত ঢলি পৰিল। মজিয়াত তেজৰ সোঁত ববলৈ ধৰিলে।

তেজৰ সোঁত গৈ শেফালিৰ ভৰিত লাগিল৷ তাই ক'লে- কি হ'ল যতীন দা । আপোনালোক ইমান নীৰৱ কিয়। মোৰ ভৰিত উষ্ম কিহবাৰ পৰশ অনুভৱ কৰিছোঁ। আচলতে কি হৈছে? নকয় কিয় ?

তেজ দেখি মই নিজেও শংকিত হৈ উঠিছিলো। সেয়ে শেফালিৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মজিয়াত আঁঠুকাঢ়ি বহি মই ডেকাজনৰ নাকত হাত দি চালোকিন্তু নাই, উশাহ-নিশাহ নাই। দেহ নিথৰ।

এনেতে এদল মানুহ কোঠালিৰ ভিতৰলৈ সোমাই আহিল। আমাৰ হুৰাহুৰিৰ শব্দ শুনিয়ে হয়তো সিহঁতে কৌতূহল বশতঃ সেইখিনি আহি পাইছিলহি।

ডেকাজনক তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দেখি সিহঁতে ঘটনাৰ আঁতিগুৰি জানিবলৈ ব্যস্ত হৈ উঠিল। মই আনুপূর্বিক ঘটনাটো বিৱৰি ক'লো। কিন্তু কোনেও মোৰ কথাত গুৰুত্ব নিদিলে। কাৰণ মোৰ বর্ণনাতকৈও ইতিমধ্যে ভয়ংকৰ ঘটনা ঘটি গৈছিল। ডেকাজনে ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছিল ।

উপস্থিত জনতাৰ পৰা দুজনমানে পুলিচ মাতিবলৈ গ'ল। পুলিচ আহি মোৰ হাতত হাতকোয়া লগালে। শেফালিয়ে চিঞৰি চিঞৰি কলে- এওঁৰ গাত দোষ নাই। মোৰ ইজ্জত বচাবলৈ গৈহে সি হঠাৎ অঘটনটো কৰি পেলাইছে। ময়ো ইয়াৰ বাবে দায়ী, মোকো থানালৈ লৈ বলক।

শেফালিৰ কাতৰ অনুৰোধ অৰণ্যৰোদনত পৰিণত হ'ল। পুলিচে মোক এৰেষ্ট কৰি লৈ গ'ল। যাৱতীয় তদন্ত শেষ কৰি আৰক্ষীয়ে দুদিন পাছত মোক কোর্টত চালান আৰু কোর্টৰপৰা হাজোতলৈ চালান দিলে।*

                        সাত

জোচেফে কৈ গ'ল- হাজোতলৈ যোৱাৰ এসপ্তাহ পাছতো মোৰ লগত কোনেও দেখা কৰিবলৈ নগ'ল । মই আশা কৰিছিলো, শেফালিহঁতৰ ঘৰৰ মানুহে অন্ততঃ মোৰ লগত দেখা কৰিবলৈ যাব আৰু প্ৰকৃত ঘটনা জানিবলৈ চেষ্টা কৰিব। কিন্তু আশা কৰামতে নহ'ল। এনেকি এইখন চহৰত থাকিও বীৰেণে মোৰ লগত দেখা কৰিবলৈ নগ'ল । চহৰৰ বিখ্যাত উকিলৰ ল'ৰাক হত্যা! সেয়ে আটায়ে মোৰ ফাঁচি হোৱাটো খাটাং বুলি ধৰি লৈছিল। ফাঁচিৰ আচামীৰ লগত সম্পৰ্ক ৰাখিলে দুর্ণাম হ'ব বুলি আটায়ে মোক এৰাই চলিবলৈ চেষ্টা কৰিছিল।

কিন্তু ঘৰৰ মানুহে মোক এৰাই চলাৰ কাৰণ মই উপলব্ধি কৰিব পৰা নাছিলো। জেলৰ পৰা ওলাই অহাৰ পাছতহে ঘৰৰ মানুহে মোক এৰাই চলাৰ কাৰণ জানিব পাৰিছিলো । কাৰণ তেতিয়া বীৰেণৰ সভ্ৰান্ত ঘৰৰ এজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তলে তলে বিয়াৰ কথাও চলিছিল। মোৰ লগত সম্পৰ্ক ৰাখিলে বিয়াটো নহ'ব বুলি ভয় কৰিয়ে ঘৰৰ মানুহে মোক এৰাই চলিবলৈ চেষ্টা কৰিছিল। একমাত্র অভিজিতে আছিল ব্যতিক্রম। সি মোক জামিনত উলিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু আমাৰ ঘৰৰ মানুহৰ পৰা সহযোগিতা নোপোৱাৰ কাৰণে সিও অৱশেষত চেষ্টা এৰি দিবলৈ বাধ্য হৈছিল।

তিনি বছৰ হাজোতত থকাৰ পাছত সাক্ষী-বাদী হ'বলৈ ধৰিলে। আটায়ে মোৰ বিপক্ষে সাক্ষী দিলে। সিহঁতৰ মতে মইহে বলাৎকাৰী আছিলো। মই নিজে বলাৎকাৰ কৰিবলৈ গৈছিলো আৰু মৃতকে বাধা দিয়াৰ কাৰণে ম‍ই তাক হত্যা কৰিছো। একমাত্র শেফালিয়ে মোৰ সপক্ষে সাক্ষী দিছিল । কিন্তু অন্ধ কাৰণে তাইৰ সাক্ষী আদালতত গ্ৰাহ্য হোৱা নাছিল। তাই চকুৰে নেদেখে। কোনে কাক হত্যা কৰিছে সেয়া তাই কেনেকৈ জানিব !

মোক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহা হ'কপাল সুঁৱৰি চকু-পানী মচি মই জেললৈ গ'লো। চৈধ্য বছৰ কয়েদী জীৱন কটোৱাৰ পাছত মই জেলৰ পৰা ওলাই আহিলো ।

জেলৰ পৰা মুকলি হৈ মই প্ৰকৃততে সিদিনা কি ঘটিছিল তাকে ক'বলৈ প্ৰথমে শেফালিহঁতৰ ঘৰলৈ গ'লো। কিন্তু শেফালিহঁতৰ ঘৰৰ এজন মানুহেও মোৰ লগত কথা নাপাতিলে। এনেকি মোক বহিবলৈ কোৱাৰ প্ৰয়োজন বোধো নকৰিলে। মনৰ ক্ষোভ মনতে সামৰি লাজ অপমানত জৰ্জৰিত হৈ মই ঘৰলৈ যোৱাৰ কাৰণে ষ্টেচনলৈ আহিলো ।

আচলতে মোৰ ঘৰলৈ যোৱাৰ ইচ্ছা নাছিল; কিন্তু প্রকৃত ঘটনা নজনাকৈ মোৰ লগত কিয় ইমান নিষ্ঠুৰ আচৰণ কৰা হ'ল তাকে জানিবলৈ ঘৰলৈ গ'লো।

দেউতাই মোক দেখি গৰজি উঠিল- খুনী, আচামী। তই আমাৰ বংশৰ কলংক । তোৰ কাৰণে মই সমাজত মুখ উলিয়াব নোৱাৰা হৈছোঁ । আত্মীয়-স্বজনে এতিয়া আমাক লেই লেই ছেই ছেই কৰা হৈছে। জেল খাটি আহিছ, এতিয়া লোকক মুখ দেখুৱাবি কেনেকৈ? এজনী অন্ধ ছোৱালীৰ লগত পাশৱিক আচৰণ! ছি : ছি! তোৰ লাজ নালাগিলনে এনেকুৱা কুকৰ্মটো কৰিবলৈ?

মই লাজ-অপমানত ক্ষত-বিক্ষত হৈ কলো- দেউতা, আচল ঘটনাটো নজনাকৈ মোক এইদৰে অপবাদ দিছা কিয়? আগতে আচল কথাটো নুশুনা কিয় ?

দেউতাই ক'লে- আমি বীৰেণৰ মুখত সকলো শুনিছো। তোৰ পৰা এতিয়া শুনাৰ কোনো প্রয়োজন নাই। বীৰেণে আমাক সকলো কথা ভাঙিপাতি কৈছে। তোৰ কাৰণে বীৰেণৰ বিয়াটো ভাঙি যোৱাৰ উপক্ৰম হৈছিল। তোৰ লগত সম্পৰ্ক নৰখাৰ কাৰণেহে বিয়াটো হৈছে। এতিয়াও তোৰ লগত সম্পৰ্ক ৰাখিলে বীৰেণে আমাক ত্যাগ কৰিব। হাতযোৰ কৰিছো, তই যা, আমি এতিয়া বীৰেণৰ কৃপাত সুখেৰেই আছো । আমাৰ সুখৰ সংসাৰত তই জুই নজ্বলাবি।

ইয়াৰ পাছত দেউতাই তেতিয়া উদ্ভৱ হোৱা সমস্যাৰ বিষয়ে বহু কথা কৈ গ'ল। দেউতাৰ কথাৰ পৰা মোৰ উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল যে, বীৰেণে তেতিয়া তাৰ প্ৰেমৰ সম্পৰ্ক ৰক্ষাৰ কাৰণে সঁচাই-মিছাই কৈ ঘৰখনৰ আটাইকে ভুল বাটত পৰিচালিত কৰিছিল। ম‍ই ইচ্ছা কৰিলে দেউতাৰ ভুল ভাঙিবলৈ চেষ্টা কৰিব পাৰিলোহেঁতেন। কিন্তু নকৰিলো। কাৰণ ইতিমধ্যে লুইতেৰে বহু পানী বৈ গৈছে। বীৰেণৰ উপার্জিত টকাৰে মা-দেউতাই সুখেৰে খাই-বই আছে। মই প্রকৃত ঘটনা কৈ মা-দেউতাক বীৰ্ণেৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিব নুখুজিলো ৷ মোৰ নিজৰে সংস্থান নাই। মা-দেউতাক মই খুৱাম কি? বৃদ্ধ বয়সত ম‍ই মা-দেউতাৰ দুখৰ কাৰণ হ'ব নুখুজিলো ।

ঘৰৰ পৰা নিৰাশ হৈ মই চহৰলৈ গুচি আহিলো। চহৰলৈ আহি মই শেফালিহঁতৰ ঘৰলৈ গ'লো। মই আশা কৰামতে সিদিনা শেফালি অকলেই ঘৰত আছিল ৷ তাইৰ মাক-দেউতাক কামলৈ ওলাই গৈছিল আৰু ভায়েক-ভনীয়েককেইটা স্কুললৈ গৈছিল। অন্ধত্ব আৰু সিদিনাৰ সেই দুর্ণামৰ কাৰণে শেফালিৰ তেতিয়াও বিয়া হোৱা নাছিল । তাই বাৰাণ্ডাত আমন-জিমনকৈ বহি আছিল । মানুহৰ উপস্থিতিৰ গম পাই তাই উৎকণ্ঠিতভাবে সুধিলে- কোন? কোন তাত ?

মই কম্পিত কণ্ঠত কলো- মই। মই যতীন !

শেফােিলয় আচ্ছন্নৰ দৰে ক'লে- অ' যতীন দা। আহক. বহক। শেফালিয়ে নিজে বহি থকা মুঢ়াখন মোৰ ফালে আগবঢ়াই অপৰাধীৰ দৰে ক'লে- মই আপোনাৰ কথাকে ভাবি আছিলো। সিদিনা মা-দেউতাহঁতে আপোনাৰ লগত যি ব্যৱহাৰ কৰিলে তাৰ বাবে মই মর্মাহত ৷ মোৰ নিচিনা এজনী সামান্যা ছোৱালীৰ কাৰণে আপোনৰ জীৱনটোৱে নষ্ট হৈ গ'

তুমি নিজক অপৰাধী নাভাবিবা, শেফালি। মই শেফালিক সান্ত্বনা দিয়াৰ কাৰণে কলো- ইয়াত তোমাৰ কোনো দোষ নাই। দোষ আমাৰ সমাজ ব্যৱস্থাৰ আৰু মোৰ অদৃষ্টৰ। এনেকুৱা ঘটনা সচৰাচৰ ঘটিয়ে আছে আমাৰ সমাজত ৷ আচলতে মোৰ তাক হত্যা কৰাৰ কোনো ইচ্ছা নাছিল। দৈৱক্ৰমেহে ঘটনাটো ঘটিছিল।

সেয়া মই জানো। শেফালিয়ে কলে- অন্ধ হ'লেও মই সকলো কথা উফলব্ধি কৰিব পাৰিছিলো। আদালতত মই কথাটো কৈছিলোও। কিন্তু আদালতে মোৰ সাক্ষ্য গ্ৰহণ নকৰিলে৷ আমাৰ ঘৰৰ মানুহক ভয় দেখুৱাই মিছা সাক্ষী দিবলৈ বাধ্য কৰোৱা হৈছিল। মোকো মিছা সাক্ষী দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। কিন্তু মই সিহঁতৰ কথামতে সাক্ষী দিয়া নাছিলো। সেয়ে এতিয়ালৈকে মোক উকিল পৰিয়াল আৰু আমাৰ পৰিয়ালৰ মানুহে ঘৃণাৰ চকুৰে চায় ৷ শুনামতে, সকলো দোষ আপোনাৰ ওপৰত জাপি দিয়াৰ কাৰণে দেউতাই হেনো উকিলৰ পৰা টকাও লৈছিল।

মই শেফালিক সান্ত্বনা দিয়াৰ কাৰণে কলো- মই অন্যায় কৰিছো আৰু অন্যায়ৰ শাস্তিও ভোগ কৰিছোঁ৷। ইয়াত মোৰ অলপো আক্ষেপ নাই। কিন্তু মোৰ দুখ লাগিছে,মোক বালাৎকাৰী হিচাপে প্ৰতিপন্ন কৰাৰ কাৰণেহে। বাৰু, সেইবোৰ পুৰণি ঘাঁ খজুৱাই লাভ নাই। অদৃষ্টত যি আছিল সেয়া হৈ গৈছে। জীৱন মানেইতো সমস্যা--- পোৱা-নোপোৱা-তিক্ততা-বঞ্চনাৰ মেলা।

হঠাৎ শেফালিয়ে সুধিলে- আপুনি জে'লৰ পৰা ওলাই ঘৰলৈ গৈছিল নেকি, যতীন দা?

শেফালিৰ প্ৰশ্নটোৱে যেন মোৰ কলিজাত কটাৰিৰ খোঁচৰ দৰে খোঁচ মাৰিলে। ঘৰখনত পাই অহা তিক্ত অভিজ্ঞতাৰ কথা শেফালিৰ আগত ক'বলৈ মোৰ সংকোচবোধ হল। সেয়ে মই ঘৰলৈ যোৱাৰ কথা অস্বীকাৰ কৰাৰ কথা ভাবিলো, কিন্তু শেষ মুহূৰ্তত মোৰ সংস্কাৰে বাধা দিলে। শেফালিৰ আগত মিছা মাতিবলৈ দ্বিধাবোধ হ'ল। সেয়ে মই চমুকৈ ক'লো- গৈছিলোঁ।

শেফালিয়ে বিস্ময় প্রকাশ কৰি ক'লে- ইমান সোনকালে আহিল যে!

আহিলো। মই এইবাৰ পোনপটীয়াভাবে কলো- যিখন ঘৰে মোক নিবিচাৰে সেইখন ঘৰত থকাৰ অধিকাৰ জানো মোৰ আছে ?

অর্থাৎ! শেফালিয়ে বিস্ময় প্রকাশ কৰি ক'লে ৷

মই এজন বলাৎকাৰী- মই এজন হত্যাকাৰী। মই ক্ষোভেৰে সৈতে ক'লো- মোৰ দৰে হত্যাকাৰীৰ সেইখন ঘৰত ঠাই নাই, শেফালি।

দুর্বলে বলে নোৱাৰি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি সান্ত্বনা লাভ কৰে। শেফালিয়ে দুই হাত কপাললৈকে তুলি অদৃশ্য ভগবানক সেৱা জনাই ক'লে- আপোনাক যিসকলে মিছা অপবাদ দিছে, সিহঁতৰ বিচাৰ ভগবানে নিশ্চয় কৰিব

মই ক'লো- তুমিও মোক ঘিণ কৰা নেকি, শেফালি ?

শেফালি উচাপ খাই উঠিল। ক'লে- ঘৃণা! নাই নাই, যতীন দা। সমগ্র পৃথিবীয়ে আপোনাক ঘৃণা কৰিলেও মই আপোনাক ঘৃণা কৰিব নোৱাৰিম। ঘৃণা নহয়, মই আপোনাক শ্রদ্ধাহে কৰো। কাৰণ ম‍ই আপোনাৰ মনৰ খবৰ জানো।

মই অভিমান মিহলি কণ্ঠত কলো- তুমি মোক মাথোন শ্রদ্ধাহে কৰা নেকি, শেফালি ?

ঃ তাৰ বাহিৰে মই কি কৰিব পাৰোঁ। শেফালিয়ে অনুশোচনাৰ সুৰত ক'লে- মই নিজেই পৰমুখাপেক্ষী। মই শ্ৰদ্ধাৰ বাহিৰে কি কৰিব পাৰিম?

ঃ কিয়, তুমি মোক ভাল পাব নোৱাৰিবা?

যতীন দা! শেফালিৰ কণ্ঠস্বৰ আৰ্তনাদৰ দৰে শুনা গ'ল ।

: এৰা, তোমাৰ পৰা মই অকনমান ভালপোৱা বিচাৰো

ঃ আপোনাক ভালপোৱাৰ যোগ্য মই নহওঁ, যতীন দা।

মই তোমাক সেই অধিকাৰ দিম, শেফালি। মই আবেগ মিহলি কণ্ঠত কলো- তোমাৰ পৰা মই ভালপোৱাৰ অধিকাৰ বিচাৰোঁ।

শেফালিয়ে উদাস কণ্ঠত কলে- আপুনি বিচাৰিলে নিশ্চয় পাব। কিন্তু মোৰ দৰে বিগত যৌৱনা অন্ধ ছোৱালীক ভাল পাই আপুনি একো নাপাব।

মই বলাৎকাৰী অপবাদৰ পৰা মুক্তি হ'ব বিচাৰো। মই আবেগত শেফালিৰ হাতত ধৰি ক'লো- মই তোমাক বিয়া কৰাব বিচাৰো, শেফালি।

শেফালি ভীত সন্ত্ৰস্ত হৈ উঠিল। কলে- মোৰ দৰে এজনী অন্ধ ছোৱালীক বিয়া কৰাই কি পাব আপুনি? ক্ষণিকৰ উত্তেজনাত আপুনি মোক পাবলৈ ইচ্ছা কৰিছে সঁচা; কিন্তু উত্তেজনা শাম কাটিলেই মই আপোনাৰ বোজা হৈ পৰিম৷

: তোমাৰ বোজা মই চিৰদিন বৈ ফুৰিবলৈ সাজু, শেফালি। তুমি মাথোন সন্মতি দিয়া ।

ঃ কিন্তু মা-দেউতাই এই বিয়াত সন্মতি দিব জানো ?

বিজয়ৰ উল্লাসত মই উল্লসিত হৈ উঠিলো। কলো- একো অসুবিধা নহয় । আমি কোর্ট মেৰিজকৰাম

সিদ্ধান্ত মতেই পাছদিনাই কোর্টলৈ গৈ আমি বিয়া পাতিলো। এই ক্ষেত্ৰত শেফালিৰ পৰিয়ালে আমাক কোনো ধৰণৰ হকা-বধা প্রদান নকৰিলে । হয়তো সিহঁতে পৰিয়ালৰ পৰা এটা বোজা কমিল বুলি মনে মনে ভালেই পালে।

কিন্তু আমি থাকিম ক? থকাৰ কোনো সংস্থান নাই। ফলত আমি দুটা দিন ষ্টেচনতে কটালো। ৰাতি ষ্টেচনত থাকো- দিনত ৰিক্সা চলাই পেটৰ ভাতমুঠি যোগাৰ কৰো আৰু ভাড়া ঘৰৰ সন্ধান কৰোঁ। চাৰিদিনমান সন্ধান কৰাৰ পাছতো মই ভাড়াঘৰৰ সন্ধান উলিয়াব নোৱাৰিলো*

                        আঠ

সিদিনা সন্ধিয়া আমি ষ্টেচনৰ এচুকত বহি আমাৰ ভৱিষ্যত জীৱনৰ বিষয়ে আলোচনা কৰি আছিলো। হঠাৎ বৃদ্ধ ভদ্রলোক এগৰাকী আহি আমাৰ সন্মুখত ৰৈ গ'ল। সি সুধিলে- তোমালোক যাবা কলৈ ?

মই সঁচা কথাকে ক'লো- ক'লৈ যাম এতিয়ালৈকে একো ঠিক কৰিবপৰা নাই। আমাৰ ভাড়াঘৰৰ প্ৰয়োজন। চাৰিদিন ধৰি ভাড়াঘৰ বিচাৰি হাবাথুৰি খাই আছো; কিন্তু ক'তো ভাড়াঘৰ পোৱা নাই ।

বৃদ্ধ গৰাকীয়ে শেফালিৰ ফালে আঙুলিয়াই ক'লে- এওঁ তোমাৰ পৰিবাৰ নেকি?

মই সন্মতিত মূৰ দুপিয়ালো- হয়, মোৰ বিবাহিত পত্নী।

ভাড়াঘৰ ঠিক নকৰাকৈ এওঁক এইদৰে চহৰলৈ লৈ অহাটো ঠিক হোৱা নাই। বৃদ্ধগৰাকীয়ে শেফালিৰ ফালে সন্ধানী দৃষ্টিত চাই কলে- এওঁ দেখোন অন্ধ! এওঁৰ দেখোন খুবেই অসুবিধা হৈছে। তোমালোকৰ ঘৰ ক'?

বৃদ্ধগৰাকীৰ ওচৰত মই মোৰ জীৱনত ঘটি যোৱা সকলো কথা ভাঙি পাতি কৈ ক'লো- জেল খাটি অহাৰ কাৰণে এতিয়া মোৰ ঘৰৰ মানুহে মোক ঘৰত ঠাই নিদিয়া হৈছে।

বৃদ্ধগৰাকীয়ে মোৰ কথাবোৰ মনযোগেৰে শুনি কলে- তোমালোকৰ প্ৰতি অবিচাৰ কৰা হৈছে। দোষ কেতিয়াও শিল্পৰ নহয়, শিল্পীৰহেবৃদ্ধগৰাকীয়ে অদৃশ্য ভগবানক প্রণাম জনাই ক'লে- সিজনে যি কৰাইছে, তোমালোকে তাকেই কৰিছা। আপত্তি নাথাকিলে মোৰ লগত বলা। মই তোমালোকক আশ্রয় দিম।

মই যেন হাতত সৰগ ঢুকি পালো। কোনো ধৰণৰ দ্বিধা নকৰাকৈ মই বৃদ্ধগৰাকীৰ লগত তেওঁৰ ঘৰলৈ গ'লো৷

বৃদ্ধগৰাকী আছিল অৰবিন্দ মুদৈ। মাণিক মুদৈৰ দেউতাক। অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। অঢেল সম্পত্তিৰ গৰাকী। উদাৰ হৃদয়ৰ আপোনভোলা মানুহ। পৰৰ দুখত বিগলিত প্রাণ৷

আমাক বাৰীৰ পাছফালে থকা সৰু জুপুৰী এটাত থাকিবলৈ দিলে আৰু ড্ৰাইভিং লাইচেঞ্চ কৰি দি মোক তেওঁৰ গাড়ীৰ ড্ৰাইভাৰৰ চাকৰি দিলে।

শেফালিৰ অকৃত্ৰিম মৰমৰ মাজত দুটা বছৰ ভালদৰেই পাৰ হ'ল৷ আমাৰ ভালপোৱাৰ সাক্ষী হিচাপে আমাৰ সংসাৰলৈ এটি দেৱশিশুও আহিল। ছোৱালী। শেফালিয়ে তাইৰ নাম ৰাখিলে সুনয়না। সুনয়নাৰ আগমনে আমাৰ সৰু সংসাৰখন অনাবিল সুখেৰে ভৰি পৰিল।

কিন্তু সেই সুখ বেছিদিন স্থায়ী নহ'ল। এদিনৰ এটি ঘটনাই সকলো থানবান কৰি পেলালে আৰু ম‍ই যতীনৰ পৰা জোচেফলৈ ৰূপান্তৰ হ'লো।

মাণিক মুদৈ অৰবিন্দ মুদৈৰ একমাত্ৰ সন্মান। তেতিয়া সি হাইস্কুলৰ ছাত্ৰ ৷

সিহঁতৰ ঘৰত সুৰবালা নামেৰে এজনী বনকৰা তিৰোতা আছিল। বিধৱাবাঙালী। বয়স তেনেই কম। মাথোন তেইছ চব্বিছ। তাইৰ গিৰেয়েক মটৰ দুৰ্ঘটনাত ঢুকাইছিল। ভৰ যৌৱনা। তাই তাইৰ ৰূপ যৌৱন মাণিক মুদৈ লৈ নৈৱদ্য হিচাপে আগবঢ়ালে। মাণিক মুদৈ তেতিয়া অপৈণত বুদ্ধিৰ। তাৰ ভাল-বেয়া উপলব্ধি কৰাৰ বয়স হোৱাই নাই। সি সুৰবালৰ আহ্বানত সঁহাৰি দিলে। আৰম্ভ হ'ল সিহঁতৰ অভিসাৰ ৷ মোৰ চকুত এদিন ঘটনাটো ধৰা পৰিল । মাণিক মুদৈৰ ভৱিষ্যতৰ কথা ভাবি মই সুৰবালাক কলো- এইবোৰ কি কৰি আছা ? সি তেনেই ল'ৰা মানুহতুমি জানি-বুজি তাৰ ভৱিষ্যত এইদৰে নষ্ট কৰিছা কিয়? ভৱিষ্যতে এনেকুৱা কাম নকৰিবা। নহ'লে ম‍ই মালিকক কথাটো ক'বলৈ বাধ্য হম৷

চোৰে নুশুনে ধৰ্মৰ বাণী। ফল ওলোটাহে হ'ল। বাটৰ হেঙাৰ বুলি ভাবি সুৰবালাই মোক এদিন চুৰিৰ কেছত পেলালে।

অৰবিন্দ মুদৈ হাৰ্টৰ ৰোগী। সিদিনা তেওঁ চিকিৎসাৰ কাৰণে দিল্লীলৈ গৈছিল। হঠাৎ ঘৰৰ পৰা দুবিধ গহনা নোহোৱা হ'ল। কথাটো থানাত জনোৱা হ'ল। পুলিচ আহিল। পুলিচে আমাৰ ঘৰৰ পৰা সেই গহনা উদ্ধাৰ কৰিলে। আচলতে ম‍ই চুৰি কৰা নাছিলো। সুৰবালাই সিহঁতৰ বাটৰ হেঙাৰ আঁতৰ কৰিবলৈ কৌশলেৰে গহনা চুৰি কৰি আমাৰ ঘৰত লুকুৱাই থৈছিলমই কথাটো আৰক্ষীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলো; কিন্তু বিফল হ'লো। কাৰণ মই আগৰে পৰাই দাগী আচামী। গতিকে কথাটো কোনেও বিশ্বাস নকৰিলে। আৰক্ষীয়ে চুৰিৰ কেছত মোক চালান দিলে। সেই কেছত মোৰ তিনি মাহৰ সশ্ৰম কাৰাদণ্ড হ'ল।

প্রতিহিংসাৰ জুই বৰ ভয়ানক। প্রতিহিংসাৰ জুইত কিমান সংসাৰ পুৰি ছাই হৈ গৈছে তাৰ সঠিক হিচাপ কোনেও দিব নোৱাৰে। মোক জেলত ভাইয়ো সুৰবালা শান্ত নহ'ল । তাই মাণিক মুদৈক উচটাই শেফালিৰ ওপৰত পাশৱিক অত্যাচাৰ চলালে । সেই অপমান সহ্য কৰিব নোৱাৰি শেফালিয়ে গাত কেৰাচিন ঢালি আত্মহত্যা কৰিলে ।

জয়শ্ৰী আৰু অৰ্ণৱে ইমান সময় মনযোগেৰে জোচেফৰ হৃদয়বিদাৰক কাহিনী শুনি আছিল। জোচেফ ৰৈ যোৱা দেখি অর্ণৱে সুধিলে- তাৰ পাছত কি হ'?

জোচেফে দাঁতেৰে ওঁঠ কামুৰি ধৰি হুমুনিয়াহ কাঢ়ি নিজক চম্ভালি কলে- তাৰ পাছত? তিনি মাহ পাছত কাৰাগাৰৰ পৰা ওলাই আহি দেখিলো, সকলো শেষ। অৱশ্যে জেলত থাকোঁতেই মই খবৰটো পাইছিলো। গতিকে মই এই আত্মহত্যাৰ উচিত তদন্তৰ বাবে পুলিচৰ কাষ চাপিলো। পুলিচে একো কৰিব নোৱাৰে বুলি মোক জনালে। গতিকে দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ বাহিৰে মোৰ বেলেগ উপায় নাছিল ।

সুনয়নাৰ কি হ'? জয়শ্ৰীয়ে সুধিলে।

সুনয়নাক চহৰৰে কোনোবা ব্যৱসায়ীয়ে তোলনীয়া জীয়েক কৰি নিয়া বুলি শুনিলো। কিন্তু তাইৰ খবৰ লোৱাৰ আগতেই আন এটি অঘটন ঘটি গ'ল । সিদিনা ৰাতি মই মোৰ জুপৰীটোলৈ শুবলৈ গৈ দেখিলো, সুৰবালা মাণিক মুদৈৰ লগত অভিসাৰত লিপ্ত হৈ আছে। মোক দেখি মাণিক মুদৈ দৌৰি পলাল। কিন্তু সুৰবলাই পলোৱাৰ সুযোগ নাপালে। কাপোৰ-কানি চম্ভালিবলৈ গৈ তাই ঘৰৰ ভিতৰতে ৰৈ থাকিল ৷ তাইক দেখি খঙে মোৰ চুলিৰ আগ পালেহি। আগ-পাছ নাভাবি মই দা এখনেৰে তাইৰ মূৰত আঘাত কৰিলো। তাই থিতাতে ঢলি পৰিল। তেজ দেখি মই অধিক উন্মত্ত হৈ উঠিলো। মনৰ ক্ষোভ উজাৰি দাখনেৰে বলিয়াৰ দৰে তাইক ঘপিয়াবলৈ ধৰিলো। খন্তেক পাছতে তাইৰ দেহ নিথৰ হৈ পৰিল।

কিংকর্তব্যবিমূঢ় হৈ মই সিদিনা ৰাতিয়ে পলালো। অর্থাৎ ম‍ই ফেৰাৰ হ'লো। প্ৰথমে মই কলিকতালৈ গৈ এটি গীর্জাত আশ্ৰয় ল'লো। পাদ্রীয়ে মোক ধৰ্মান্তৰকৰণ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষা দিলে। মোৰ নাম ৰাখিলে জোচেফ। তাত দুবছৰ কটোৱাৰ পাছত দেখিলো, তাতো নাৰীৰ ওপৰত নিৰ্যাতন চলে। শেষত মই তাৰপৰা কেদাৰনাথ লৈ গৈ সন্ন্যাস গ্রহণ কৰিলো। সন্ন্যাস গ্রহণ কৰাৰ পাছত মই প্ৰায় পাঁচ বছৰ কাল ভাৰতৰ বিভিন্ন তীর্থস্থান ভ্ৰমি ফুৰিলো। কিন্তু ম‍ই শেফালি আৰু সুনয়নাক পাহৰিব নোৱাৰিলো ৷ শেষত মাণিক মুদৈক তাৰ প্ৰাপ্য শাস্তি বিহাৰ কাৰণে তিনি বছৰ আগতে পুনৰ মই এইখন চহৰলৈ আহিছোঁ।

এতিয়া কি কৰাৰ কথা ভাবিছে? অর্ণৱে চকু বিস্ফাৰিত কৰি সুধিলে- মাণিক মুদৈক আপুনি হত্যা কৰিব নেকি?

নাই নাই, তাক হত্যা নকৰোঁ। জোচেফে কলে- তাক আমি আইনৰ হাতত গতাম ৷ আইনে তাক শাস্তি দিব। ম‍ই ধাৰণা কৰামতে মৃদুলা মুদৈৰ হত্যাৰ আঁৰত মাণিক মুদৈৰ হাত আছে। সিয়ে সম্ভৱতঃ মানুহ লগাই তাইক হত্যা কৰাইছে। কিন্তু প্ৰমাণৰ অভাৱত পুলিচে তাক গ্ৰেপ্তাৰ কৰিবপৰা নাই। আমি পুলিচক সেই প্রমাণ দিম ৷ কিন্তু তাৰ আগতে তাক সৰ্বস্বান্ত কৰিব লাগিব। মই তাক তিলে তিলে হত্যা কৰিব বিচাৰোঁ।

সি দেখোন বৰ্তমান সৰ্বস্বান্ত হৈয়ে আছে। অর্ণৱে ক'লে- মই জনামতে তাৰ অৱস্থা বৰ্তমান খুবেই শোচনীয়। মাণিক মুদৈ জালনোটৰ কাৰবাৰৰ লগত জড়িত আছিল। পুলিচে জালনোট উদ্ধাৰ কৰিবলৈ আহি ঘৰৰ পৰা জালনোটৰ লগতে বহু সোণৰ বিস্কুট জব্দ কৰি লৈ গৈছে। ছেগ বুজি বাগি কুঠাৰ মাৰি তাৰ ব্যৱসায়ৰ সংগীসকলেও তাৰ লগত প্ৰতাৰণা কৰিছে। অৰ্থাৎ যাৰ হাতত যি আছিল আটায়ে তাকে লৈ মূৰ পেলোকা মাৰিছে। সি ইতিমধ্যে তিনি মাহ হাজোতো খাটি আহিছে। হাজোতৰ পৰা ওলাই আহি ধনৰ অভাৱতে সি ব্যৱসায় আৰম্ভ কৰিব পৰা নাই।

এইবোৰ কথা অৱশ্যে সঁচা। জোচেফে কলে- পুলিচৰ সেই ৰেইডৰ আঁৰত ময়ে আছিলো। ময়ে পুলিচক খবৰটো দিছিলো ৷ কিন্তু মই গোপনসূত্রে খবৰ লৈ জানিব পাৰিছোঁ, তাৰ ঘৰত এতিয়াও কিছু সোণৰ বিস্কুট মাটিৰ তলত পুতি থোৱা অৱস্থাত আছে। সেইবোৰ সি পুলিচৰ ভয়ত উলিয়াব পৰা নাই। প্রথমে ছন্দাৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্লেকমেল কৰি সেইবোৰ তাৰ কবলৰপৰা উদ্ধাৰ কৰিম ৷ তাৰ পাছত তাক পুলিচৰ হাতত গতাই দিম।

কিন্তু সি যি ধুৰন্ধৰ মানুহ -অর্ণৱে যুক্তি দাঙি ধৰিলে- সি ছন্দাৰ এই স্বীকাৰোক্তিৰ পৰা ভয় খাব জানো?

নিশ্চয় খাব। জোচেফে কলে- আগৰে পৰা গধুৰ বোজা লৈ থকা মানুহ এজনৰ মূৰত পুনৰ এমুঠি শাক দিলেও তাৰ কাৰণে অসহনীয় বোজা হৈ পৰে। সি এতিয়া মৃদুলা মুদৈৰ হত্যাৰ প্ৰথম সন্দেহৰ তালিকাত আছে। গতিকে মোৰ ধাৰণা সি ইয়াৰ জৰিয়তে নিশ্চয় ভয় খাব । কিন্তু এইবোৰ কৰিবলৈ গৈ যদি....অর্ণৱে আধৰুৱাকৈ এৰিলে ।

জয়শ্ৰীয়ে ক'লে- মই আপোনাৰ কথাৰ অৰ্থ বুজিব পাৰিছো। ছন্দাৰ কোনো ক্ষতি আমি নকৰোঁ। আপুনি চিন্তা নকৰিব। বাৰু, সেইবোৰ আমি পাছত আলোচনা কৰিম ৷ এতিয়া বলক। বহু পলম হ'ল। আমি আবেলি পুনৰ মিলিত হম।*

                        ন

মাণিক মুদৈ ৷

উগ্র পানীয়ৰ গিলাচ হাতত লৈ বহি আছে। চকু-মুখত নির্লিপ্ত থম্‌থমীয়া ভাব। বাহ্যিক দৃষ্টিত মানিক মুদৈ শান্ত, ভদ্র; কিন্তু এয়া তাৰ মেকআপৰ দৰে প্ৰলেপহে। আচলতে সি এজন হিংস্ৰ নাৰীলোভী চয়তানহে।

সুৰবালাৰ কৃপাত মাণিক মুদৈ ছাত্ৰাৱস্থাতে যৌন জীৱনত অভ্যস্ত হৈ পৰিছিল। সুৰবালাৰ মৃত্যুৰ পাছত সি কিছুদিন নাৰীৰ সান্নিধ্যৰ পৰা আঁতৰি আছিল । কিন্তু মানুহৰ তেজৰ সোৱাদ পোৱা বাঘে কিমান দিন মানুহ চিকাৰ নকৰাকৈ থাকিব পাৰেকিছুদিন পাছতে সি যৌনসংগীনিৰ কাৰণে উত্ৰাৱল হৈ উঠিল। ভাল সংগ পোৱাত অসুবিধা হ'লেও বেয়া সংগ পোৱাত অসুবিধা নহয়। কেইদিনমান পাছতে তাৰ চুবুৰিৰে এজন ল'ৰাই তাক যৌন সংগীনিৰ সন্ধান দিলে । তাৰ দেউতাকৰ টকাৰ অভাৱ নাই। সি ঘৰৰপৰা টকা চুৰি কৰি নি নতুন নতুন সংগীনিৰ পাছত টকা উৰুৱাবলৈ ধৰিলে।

কথাটো অৰবিন্দ মুদৈৰ চকুতো ধৰা পৰিল। তেওঁ পুতেকক উক্ত কামৰ পৰা বিৰত কৰিবলৈ নানা ধৰণে চেষ্টা চলালে। বিয়া কৰাই দিলে স্বভাৱ ভাল হ'ব বুলি ভাবি অপৈণত বয়সতে দেউতাকে মৃদুলা মুদৈৰ লগত তাৰ বিয়া পাতি দিলে। কিন্তু সকলো অথলে গ'ল। মাণিক মুদৈ আগৰ মাণিক মুদৈয়ে হৈ থাকিল। আগৰ দৰেই সি নতুন নতুন সংগীনিৰ পাছত টকা উৰুৱাবৱৈ ধৰিলে।

একমাত্ৰ পুতেকৰ অধঃপতন দেখি অৰবিন্দ মুদৈয়ে অকালতে দেহ ত্যাগ কৰিলে৷ দেউতাকৰ মৃত্যুৰ পাছত মাণিক মুদৈ অজস্ৰ টকাৰ গৰাকী হৈ পৰিল । ফলত তাৰ অধঃপতনৰ মাত্রাও বাঢ়িল।

তাৰ লেখা-পঢ়া ধোঁৱাচাঙত উঠিল। কুসংগত পৰি মদ-ভাঙত অভ্যস্ত হৈ সি নানা ধৰণৰ অসামাজিক কামৰ লগত জড়িত হৈ পৰিল ৷ ফলত তাৰ জীৱনৰ দৰ্শনে সলনি হৈ গ'ল । অসামাজিক কামৰ মাজতে সি জীৱনৰ স্পন্দন দেখা হ'ল। তাৰ মতে ভাল কামত কোনো আমেজ নাই- উত্তেজনা নাই। ভাল কামবোৰ নিৰ্জীৱ চেতনাহীন জড় পদাৰ্থ আৰু বেয়া কামবোৰ সচল সতেজ পদার্থ। ভাল কামবোৰ নিশ্চল সৰোবৰ আৰু বেয়া কামবোৰ উত্তাল সাগৰ৷

সেয়ে সি জগতৰ বেয়া কামবোৰকে আঁকোৱালি ল'লে। দেউতাকৰ সঞ্চিত অর্থ খটুৱাই সি ড্ৰাগচৰ লগতে বিদেশৰ পৰা কম দামত সোণৰ বিস্কুট, চকলেট আদি আমদানি কৰি অধিক দামত বিক্ৰী কৰিবলৈ ধৰিলে। সি জালনোটৰ কাৰবাৰো গঢ়ি তুলিলে। কিছুদিনৰ ভিতৰতে সি বহু টকাৰ গৰাকী হৈ পৰিল

কিন্তু তাৰ সেই সাম্ৰাজ্য সি বেছি দিন ধৰি ৰাখিব নোৱাৰিলে। তাৰ চোৰাং কাৰবাৰৰ কথা পুলিচৰ চকুত ধৰা পৰিল। ফলত সি পুলিচক ভাগে ভাগে টকা দিব লগা হ'ল । কিন্তু বৰ্তমান তাৰ সেই সুযোগো নোহোৱা হৈছে। কাৰণ ছমাহমান আগতে এজন অতি সৎ আৰক্ষী বিষয়া আহিছিল। বিষয়াজনে তাৰ সমগ্ৰ কাৰবাৰ বন্ধ কৰি দিছে। তাৰ ঘৰ চেইজ' কৰি বহু সোণৰ বিস্কুট আৰু চকলেট জব্দ কৰি নিছে। বোকাত পোত যোৱা হাতীক হেনো চিকায়ো লাথি মাৰে । তাৰ ক্ষেত্ৰতো সেয়াই হৈছে। সুযোগ বুজি তাৰ ব্যৱসায়ৰ সংগীসকলে বহু টকা মাৰি দিছে। ক'বলৈ গ'লে, বৰ্তমান সি বাটৰ ভিকহুত পৰিণত হৈছে। অৱশ্যে ইয়াৰ মাজতে তাৰ কিছু সম্বল এতিয়াও ৰৈ আছে । পুলিচৰ ৰেইডৰ সময়ত সি কিছু সোণৰ বিস্কুট আৰু চকলেট মাটিৰ তলত পুতি থৈছিল। ফলত পুলিচে সেইবোৰ উদ্ধাৰ কৰিব পৰা নাছিল। কিন্তু পুলিচৰ ভয়ত সি সেইবোৰো এতিয়া উলিয়াব পৰা নাই। বৰ্তমান সি বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে। এবাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিলে পুতি থোৱা বস্তুবোৰ সুযোগ বুজি উলিওৱাত কোনো অসুবিধা নহ'ব বুলি তাৰ ধাৰণা। কাৰণ পুলিচে তেতিয়া তাক সন্দেহ কৰাৰ কোনো থল নাথাকিব । এইবাৰ সি কোনো চোৰাং কাৰবাৰ নকৰে । হোটেলৰ ব্যৱসায় কৰিব। কাৰণ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে হোটেল ব্যৱসায় লাভজনক উদ্যোগত পৰিণত হৈছে।

মৃদুলা মুদৈ কিন্তু মাণিক মুদৈৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ আছিল । সৎ সুশীলা এগৰাকী ভদ্র মহিলা। মাণিক মুদৈৰ অসামাজিক কৰ্মক তাই ঘৃণা কৰিছিল। প্ৰথমাৱস্থাত তাই মাণিক মুদৈক উক্ত কৰ্মত বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছিল; কিন্তু বলে নোৱাৰি পাছত তাই সেই প্রচেষ্টা এৰি পেলাইছিল। শেষত তাই এখন প্রাইভেট স্কুল খুলি মাণিক মুদৈৰ লগত সম্বন্ধ প্রায় বিচ্ছিন্ন কৰি পেলাইছিল । নামতহে সিহঁত স্বামী-স্ত্রী আছিল, সিহঁতৰ মাজত কোনো ধৰণৰ দৈহিক সম্পর্ক নাছিল বুলিয়ে ক'ব পাৰি। কেতিয়াবা কাচি হে সিহঁতৰ দৈহিক মিলন হৈছিল। দহ বছৰীয়া দাম্পত্য জীৱনত মিছেছ মুদৈয়ে মাণিক মুদৈক পিতৃত্বৰ সোৱাদ দিবলৈ অক্ষম হোৱাৰ কাৰণে এই সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল। এনেকি মাণিক মুদৈয়ে দ্বিতীয় বিবাহ কৰাবলৈকো চেষ্টা কৰিছিল । সি এই বিষয়ে দুই এজন বন্ধু-বান্ধৱৰ লগত আলোচনাও কৰিছিল। কিন্তু প্রথমা স্ত্রী জীৱিতা থাকোঁতে দ্বিতীয় বিবাহ কৰোৱাটো আইনে সমৰ্থন নকৰে কাৰণে সি দ্বিতীয় বিবাহ কৰিব পৰা নাই ।

সেয়ে মৃদুলা মুদৈৰ হত্যাত মাণিক মুদৈৰ হাত থাকিব পাৰে বুলি বহুেেত ধাৰণাও কৰিবলৈ বাধ্য হৈছে। পুলিচেও মাণিক মুদৈকে প্রথম সন্দেহৰ আৱৰ্তত ৰাখিছে। তাক থানালৈ মাতি নি জেৰাও কৰিছে। কিন্তু প্ৰমাণৰ অভাৱত তাৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । কাৰণ হত্যাৰ দিনা সঁচাকৈয়ে সি কলিকতাত আছিল। কলিকতাৰ এখন হোটেলৰ পৰা পুলিচে সেই তথ্য সংগ্রহও কৰিছে। পুলিচে এতিয়াও তাক সন্দেহৰ আৱৰ্তত ৰাখিছে। কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰা বুলি ক'লেও তাৰ নিৰ্মাণৰ দায়িত্বত বেলেগ মানুহহে আছিল ৷ মাণিক মুদৈয়েও তেনেকুৱা কিবা এটা কৰিছে বুলি আৰক্ষী নিশ্চিত। কিবা প্ৰমাণ পালেই আৰক্ষীয়ে তাক গ্ৰেপ্তাৰ কৰিব। আৰক্ষীয়ে এতিয়ালৈকে মিছেছ মুদৈৰ লাচ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। লাচটো উদ্ধাৰ হ'লেই তদন্তৰ গতি দ্ৰুততৰ হ'ব। এতিয়া আৰক্ষীয়ে লাচটো উদ্ধাৰৰ কাৰণে লাগি আছে। লগতে চহৰৰ অসামাজিক মানুহখিনিক মাতি আনি ৰহস্য উদ্ঘাটনৰ কাৰণে সোধা-মেলা কৰি আছ

ইফালে মাণিক মুদৈও কেছটোৰ ফালে চাই আছে। পুলিচে তাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি সি নিশ্চিত। কাৰণ ঘটনাৰ দিনা সি কলিকতাৰ এখন হোটেলত আছিল। কেছটোৰ পৰা নিজক নিৰ্দোষী প্রমাণ কৰিব পাৰিলেই সি ছন্দা বৰ্মনক বিয়াৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছে। তাৰ ধাৰণা ছন্দাই নিজৰ মান-সন্মানৰ কথা চিন্তা কৰি হ'লেও তাক বিয়া কৰাবলৈ সন্মত হব।

গিলাচৰ মদখিনি শেষ কৰি ফিল্টাৰ উইলচ্ এটা জ্বলাই দীঘলীয়া হোপা মাৰি মাণিক মুদৈয়ে হাতঘড়ীটোলৈ চালে। আঠ পঁয়ত্ৰিছ। বর্তমান বৃন্দাবন আছে বজাৰত আৰু বিপাশা আছে পাকঘৰত। মৃদুলা হত্যাৰ পাছত বৃন্দাবনৰ অনুৰোধক্রমে বিপাশা এই কেইদিন মুদৈহঁতৰ ঘৰতে আছে। মাণিক মুদৈয়েও কথাটোত ভালেই পাইছে। সম্পর্ক ভাল হওঁক বা বেয়া হওঁক দহ বছৰ একেলগে ঘৰ-সংসাৰ কৰিছে। গতিকে তাইৰ অনুপস্থিতিত ঘৰখন উকা উকা লাগি আছিল। বিপাশাৰ উপস্থিতিত সেই উকা ভাব কিছু পৰিমাণে হ'লেও আঁতৰ হৈছে। ইফালে ৰান্ধনীজনীও নাই। তাই ল'ৰাটোৰ অসুখৰ কাৰণে এসপ্তাহমানৰ পৰা কামলৈ অহা নাই। সেয়ে বিপাশা নিজেই পাকঘৰ চম্ভালি আছে।

কালি থানাৰ পৰা অহাৰ পাছৰ পৰা সি ক'লৈকো যোৱা নাই। ঘৰতে বহি আছে। আচলতে সি বাহিৰলৈ ওলাবলৈ ভৰসা পোৱা নাই । বাহিৰলৈ ওলালেই নানাজনে নানান টা প্রশ্ন কৰিব। তেতিয়া সি কি উত্তৰ দিব! গতিকে সি ঘৰৰ ভিতৰত বন্দী হৈ থকাটোকে শ্রেয় বুলি ভাবি সি বাহিৰলৈ ওলোৱা নাই। কিন্তু ঘৰৰ ভিতৰত বহি থাকি সি বৰ্তমান হৈ উঠিছে। সেয়ে সি বাহিৰৰ পৰা পাক এটা মাৰি অহাৰ কথা ভাবিলে। ভবামতেই সি কাপোৰ-কানি পিন্ধি পাক ঘৰলৈ আহিল ৷ বিপাশা তেতিয়া ৰন্ধা-বঢ়ালৈ ব্যস্ত হৈ আছিল । সি দুৱাৰ মুখত ৰৈ ক'লে- মিছ কাকতি, মই ফুৰিবলৈ গ'লো৷ ৰাতিৰ সাজ আহাৰ মই হোটেলতে খাই আহিম। গতিকে অহাত অলপ পলম হ'ব। আপোনালোকে মোৰ কাৰণে অপেক্ষা কৰি থাকিব নালাগে।

মাণিক মুদৈয়ে বিপাশাৰ উত্তৰলৈ অপেক্ষা নকৰি বৈঠকখানাৰ ফালে আগবাঢ়িল। বৈঠকখানাত সোমোৱাৰ লগে লগে সি অবিৰাম গতিত ফোনটো বাজি থকা কাণত পৰিল। সি ফোনৰ ৰিচিভাৰডাল দাঙি কলে- হেল্ল', কোন ?

সিপ্ৰান্তৰ পৰা উত্তৰৰ পৰিৱৰ্তে প্ৰশ্ন কৰিলে- আপুনি কোন ?

মাণিক মুদৈয়ে নিজৰ পৰিচয় দিলে।

সিপ্ৰান্তৰপৰা আদেশৰ সুৰ ভাহি আহিল- আপুনি এঘণ্টাৰ ভিতৰত হোটেল ফৰচুনলৈ আহক৷

হোটেল ফ্ৰচুন! কিয়? কোন আপুনি? মাণিক মুদৈয়ে একেলগে কেবাটাও প্ৰশ্ন কৰিলে

: ইয়ালৈ আহিলেই আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাই যাব ।

: পৰিচয় নাপালে মই নাযাও। ফোন ৰাখক

ভুল নকৰিব মুদৈ৷ আমি আপোনাৰ ভালৰ কাৰণেই আহিবলৈ কৈছো । আহক, আমি আপোনাৰ কোনো ক্ষতি নকৰোঁ । আমি আপোনাক ফাঁচিৰ ৰচীৰ পৰা বচাবহে খুজিছো। সিপ্ৰান্তৰপৰা দৃঢ়তাৰে ক'লে- মাথোন এঘণ্টা সময় দিলো আপোনাক। আইন আদালতৰ মেৰপাকত সোমাব নুখুজিলে মোৰ কথা মতে কাম কৰক। হোটেল ফচুন। ৰোম নম্বৰ ...

সিপ্ৰান্তৰপৰা খট্‌কৈ ৰিচিভাৰ নমাই থোৱাৰ শব্দ ভাহি আহিল ৷

মাণিক মুদৈয়ে বিমোৰৰ দৰে কেইটামান মুহূৰ্ত থিয় দি থাকি ৰিচিভাৰডাল ক্রেডেলত নমাই থ'লে। সি ভ্ৰযোৰ কোঁচাই ভাবিবলৈ ধৰিলে, কোনে এইদৰে তাক ফোন কৰিলে ? ফাঁচিৰ ৰচী? তাৰ চকুৰ আগত মৃদুলা মুদৈৰ মুখখন ভাহি উঠিল । মৃদুলা হত্যাৰ দোষ কোনোবাই তাৰ ওপৰত জাপিব খুজিছে নেকি? বিৰক্তিত তাৰ মুখমণ্ডল বিকৃত হৈ উঠিল। পাছমুহূৰ্ততে তাৰ ওঁঠৰ কোণত খেলি গ'ল এক কুটিল হাঁহি জীৱন মানেইতো সংগ্রাম! বিপদ-আপদৰ লগত মোকাবিলা কৰাৰ নামেই জীৱন। যদি কোনোবাই কোনো দুৰভিসন্ধিলৈ তাক ফোন কৰিছে তেনেহ'লে সি ভুল কৰিছে।

সি বৈঠকখানাৰ পৰা ওলাই আহি টেক্সিত বহিল ৷

হোটেল ফচুনৰ সন্মুখত টেক্সি থৈ সি কেউফালে সন্ধানী দৃষ্টি বুলালে। হোটেলত গ্ৰাহকৰ ভিৰ। আটায়ে ব্যস্ত। সি কাউণ্টাৰৰ ফালে চালে। সি জয়শ্ৰীক কাউণ্টাৰত বহি থকা দেখিলে। তাই তাৰ ফালেই চাই আছিল। চকুত চকু পৰাৰ লগে লগে তাই চকু ঘুৰাই অন্যমনস্ক হোৱাৰ ভাও জুৰিলে । তাইৰ এই পৰিৱৰ্তন মাণিক মুদৈৰ চকুত ধৰা পৰিল।

সি কাউণ্টাৰৰ ফালে আগবাঢ়ি আহিল ৷ তাক দেখি জয়শ্ৰীয়ে আদৰিলে- আহক, মুদৈ । এটি বৰ মৰ্মান্তিক খবৰ শুনিলো ৷ বাতৰি কাকতত খবৰটো পঢ়ি বৰ দুখ পাইছো । লাচ উদ্ধাৰ হৈছে নেকি ?

নাই নাই, পুলিচে এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। পুলিচে লাচটো বিচাৰি আছে। মাণিক মুদৈয়ে গা এৰা ভাবত উত্তৰ দিলে।

আচামী ধৰা পৰিছে নেকি? জয়শ্ৰীৰ প্ৰশ্ন ।

নাই নাই, ধৰা পৰা নাই। তদন্ত চলি আছে। এইদৰে কৈ মাণিক মুদৈয়ে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- মোৰ কাৰণে মানুহ এজন অপেক্ষা কৰি আছে। তাৰ লগত আগতে দেখা কৰি আহোঁ, পাছত আপোনাৰ লগত কথা পাতিম

হয়, কথাটো ময়ো জানো। জয়শ্ৰীয়ে ক'লে- আপুনি আহিলেই পঠাই দিবলৈ কৈছে। সন্ন্যাসীৰ কি প্রয়োজন পৰিল আপোনাৰ লগত দেখা কৰাৰ৷ সন্ন্যাসী হ'লেও সি কিন্তু আন দহজন সন্ন্যাসীৰ দৰে নহয় । বৰ সাংঘাতিক মানুহচোৰ, বদমাচ, ডকাইতৰ লগত সম্পৰ্ক ৰাখি চলে।

আপুনি কাৰ কথা কৈছে? মাণিক মুদৈয়ে কথাটো বুজিব নোৱাৰি ক'লে।

সেই সন্ন্যাসীজন, মানে জোচেফ। কিয়, সি আপোনাক পৰিচয় দিয়া নাই নেকি?

জোচেফৰ নাম শুনাৰ লগে লগে মাণিক মুদৈৰ হৃদপিণ্ডটো দেহৰ ভিতৰতে ক্রিকেট বলৰ দৰে জাঁপ মাৰি উঠিল। তাৰ চকুৰ আগত ভাহি উঠিল বাইছ বছৰ আগৰ এক বীভৎস নিশাৰ কথা । শেফালিৰ কৰুণ মুখখন তাৰ চকুৰ আগত ভাহি উঠিল । শেফালিৰ হেজাৰ কাকুতি- মিনতিক উপেক্ষা কৰি সি তাইৰ দেহত কলংকৰ ৰেখা আঁকি দিছিল । তাৰ অৱশ্যে কামটো কৰাৰ ইচ্ছা নাছিল । সিহঁতৰ ঘৰৰ বনকৰা তিৰোতা সুৰধ্বনিৰ উচটনিতহে সি কামটো কৰিছিল। অপমান সহ্য কৰিব নোৱাৰি শেফালিয়ে সিদিনা ৰাতিয়ে গাত কেৰাচিন ঢালি আত্মহত্যা কৰিছিল। ঘটনাৰ সময়ত জোচেফ গহনা চুৰিৰ অপৰাধত জেলত আছিল। জেল খাটি আহি সি সুৰধ্বনিক হত্যা কৰি ফেৰাৰ হৈ গৈছিল ৷

ফেৰাৰ হোৱাৰ আগতে সি মাণিক মুদৈক লগ ধৰি কৈ গৈছিল- আজিৰ এই ঘটনাটো যদি ভুলতো পুলিচৰ আগত প্ৰকাশ কৰ তেনেহ'লে তোকো সুৰধ্বনিৰ দৰে অৱস্থা কৰিম। তোকো হত্যাই কৰিলোহেঁতেন, কিন্তু অৰবিন্দ মুদৈৰ সন্তান বুলিহে তোক ৰেহাই দিছোযদি কাৰোবাৰ আগত আজিৰ ঘটনাটোৰ কথা প্ৰকাশ কৰ, তেনেহ'লে মই য'তেই নাথাকো কিয, ৰে পৰা আহি তোক মই হত্যা কৰিম। সাৱধান ...

জোচেফৰ চকু সিদিনা খং আক্রোশত কমাৰৰ ভাটাৰ দৰে টকৈ জ্বলিছিল। জোচেফৰ চকুলৈ চাই সি প্ৰচণ্ড ভয়ত স্তব্ধ হৈ গৈছিল আৰু শিলৰ মূৰ্তিৰ দৰে নিশ্চল হৈ সি জোচেফৰ সেই ৰুদ্ৰ মূৰ্তি প্ৰত্যক্ষ কৰি আছিল। সি মুখেৰে এটা শব্দও উচ্চাৰণ কৰিব পৰা নাছিল আৰু জোচেফৰ ভয়তে সি সুৰধ্বনিৰ হত্যাৰ বিষয়ে পুলিচৰ আগত মুখ খোলা নাছিল৷

সুদীর্ঘ তিনিবছৰ পাছত সি জোচেফক বশিষ্ঠত লগ পাইছিল। কিন্তু সন্ন্যাসীৰ বেশত থকা কাৰণে সি তাক চিনিব পৰা নাছিল। জোচেফে তাক চিনিব পাৰি কৈছিল- চিনিব পাৰিছ নেকি? মই যতীন। বর্তমান নাম জোচেফ। চৰিত্ৰ সলনি হৈছে, নে আগৰ দৰেই আছ? শুনিছোঁ, চোৰাং কাৰবাৰ কৰি হেনো তই এতিয়া বহু টকাৰ মালিক হৈছ! তোৰ হেনো জালনোটৰ কাৰবাৰো আছে?

মাণিক মুদৈয়ে মিছা মাতিব পৰা নাছিলসি সেমেনা-সেমেনি কৰি কৈছিল- নাই নাই, মই নিজে নকৰোঁ। মোৰ পাৰ্টনাৰ কিছুমানে কৰে । এইদৰে আওপকীয়াভাবে কথাটো স্বীকাৰ কৰিয়ে সি ক্ষমা খোজাৰ ভংগীত কৈছিল-মোক ক্ষমা কৰি দিয়া । মই অনুতপ্ত। সুৰধ্বনিৰ উচটনিতহে মই তেনে জঘন্য কামত প্ৰবৃত্ত হৈছিলো।

সেয়া মই জানো। জোচেফে কৈছিল- আৰু সেই বাবেই তই জীয়াই আছ । আগতে যেনেকৈ মুখ বন্ধ কৰি আছিলি, এতিয়াও তেনেকৈ মুখ বন্ধ কৰি ৰাখিবি। মই চহৰলৈ অহাৰ কথা ঘুণাক্ষৰেও পুলিচৰ আগত ক'বলৈ চেষ্টা নকৰিবি। পাৰিলে বেয়া ধান্দা ত্যাগ কৰি সত্তাবে জীয়াই থাকিবলৈ চেষ্টা কৰিবি। এইদৰে সঁকীয়াই দি জোচেফ মন্দিৰৰ ভিতৰলৈ সোমাই গৈছিল আৰু মাণিক মুদৈ ভগবানক সেৱা জনাই তাৰ পৰা গুচি আহিছিল। ইয়াৰ কিছুদিন পাছতেই তাৰ ঘৰত পুলিচৰ ৰেইডপৰিছিল। ফলত সেই ৰেইডৰ আঁৰত জোচেফৰ হাত থকা বুলি মাণিক মুদৈয়ে সন্দেহ কৰে ৷

জয়শ্ৰীয়ে মাণিক মুদৈৰ অৱস্থা দেখি কৌতুক অনুভৱ কৰি ব্যংগৰ সুৰত ক'লে- কি জোচেফৰ কথা শুনি আপুনি দেখোন চিন্তাত বুৰ গ'ল। জোচেফক আপুনি জানে নেকি?

মাণিক মুদৈয়ে শাকেৰে মাছ ঢাকিবলৈ চেষ্টা কৰি ক'লে-নাই, জোচেফক অৱশ্যে মই তেনেকৈ নাজানো ৷ তাৰ নামহে শুনিছো। সন্ন্যাসী এজনৰ কি প্রয়োজন হ'ল মোৰ লগত দেখা কৰাৰ, তাকেহে বুজিব পৰা নাই ।

নিশ্চয় কিবা সকাম আছে। জয়শ্ৰীয়ে ক'লে- নহ'লেনো সন্ন্যাসীয়ে আপোনাক মাতিবলৈ যাব কিয়! যাওঁক, কি কাৰণত মাতিছে শুনি আহকগৈ।

মাণিক মুদৈ চিন্তাক্লিষ্টভাবে জখলাৰ ধাপবোৰ উজাই নিৰ্দ্দিষ্ট কোঠালিটোলৈ আহিল। কোঠালিৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ

মাণিক মুদৈৰ বুকুত যেন কোনোবাই হাতুৰীৰে কোব মাৰিবলৈ ধৰিলে। জোচেফে তাক মাতাৰ আঁৰত নিশ্চয় কিবা গুৰুতৰ ৰহস্য আছেজোচেফে তাক ফাঁচিৰ ভয়ো দেখুৱাইছে। নিশ্চয় সি মৃদুলা হত্যাৰ বিষয়ে কিবা ক'ব। কিন্তু কি ক? সি কিবা গম পাইছে নেকি? কি গম পাইছে সি? সাপে নাপাহৰে কঁকালৰ কোব আৰু মাকে নাপাহৰে পুত্ৰৰ শোক । সি শেফালিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ কথা ভাবিছে নেকি? এইদৰে বহুকেইটা প্রশ্নই তাৰ মনত খলকনি তুলিলে। সি কোটৰ পকেটত থকা পিস্তলটো খেপিয়াই চালে। ঠিকে আছে। মনত বল বান্ধি সি দুৱাৰত খটখটাই দিলে

মুহূৰ্তৰ ভিতৰতে দুৱাৰখন মেল খালে। দুৱাৰ মুখত জোচেফ প্রকট হ'ল। মাণিক মুদৈক দেখিয়ে সি উষ্ম আদৰণি জনালে- আহা, ভিতৰলৈ সোমাই আহা। মাণিক মুদৈয়ে ভিতৰলৈ সোমাবলৈ সংকোচ কৰা দেখি সি ক'লে- আহা, ভয়ৰ কাৰণ নাই। মোৰ বাহিৰে ভিতৰত বেলেগ মানুহ নাই।

কওঁক, মোক এইদৰে কিয় মাতি আনিছে? মাণিক মুদৈয়ে কোঠালিৰ ভিতৰত প্ৰবেশ কৰি সুধিলে।

ইমান ব্যস্ত হৈছা কিয়? জোচেফে কলে- আগতে বহা। তাৰ পাছত ধীৰে-সুস্থিৰে কথা পাতিম

মাণিক মুদৈ বিৰক্ত হ'ল যদিও বিশেষ আপত্তি নকৰি চকী এখনত বহিল। জোচেফে দুৱাৰ বন্ধ কৰি বিছনাৰ তলৰপৰা ৰেকৰ্ড প্লেয়াৰটো উলিয়াই আনি মেজৰ ওপৰত থলে। তাৰ পাছত চকী এখনত বহি মাণিক মুদৈৰ ফালে চিগাৰেটৰ পেকেট আগবঢ়াই কলে- লোৱা। মই নিজে চিগাৰেট নাখাওঁ। তোমাৰ কাৰণে আনিছো। জানাইতো মই সন্ন্যাসী মানুহ। সন্ন্যাসীৰ চিগাৰেট শোভা নাপায়ুমি চিগাৰেট খোৱা। ম‍ই গাজা খাম৷

নাই নাই, মই চিগাৰেট নাখাওঁ। আচল কথা কি তাকে কওঁক। মাণিক মুদৈ অধৈৰ্য হৈ উঠিল।

নোখোৱা মানে? জোচেফে কলে- তুমিতো হাইস্কুলত থাকোঁতেই গাজা ভাঙত অভ্যস্ত হৈছিলা বুলি মই জানো ৷ এতিয়া এৰিলা নেকি? বুজিছো তুমি ভয় কৰিছা? ভয় নাই চিগাৰেটত বেলেগ কোনো বস্তু মিহলোৱা নাই। আচলতে তোমাক মোৰ হত্যা কৰাৰ মুঠেই ইচ্ছা নাই । কেতিয়াবা হত্যা কৰিব লগা হ'লেও তোমাক মই চোৰৰ দৰে হত্যা নকৰো। জানাইতো, অন্ধৰ কাৰণে পোহৰ আৰু আন্ধাৰৰ মাজত কোনো পার্থক্য নাই। জেল হাজোতলৈ মই ভয় নকৰোঁ। অৱশ্যে এইবোৰ কথা তোমাক শুনাই লাভ নাই। তুমি নিজেই জানা এইবোৰ কথাতোমাক হত্যা কৰিলে সুৰধ্বনিক হত্যা কৰাৰ দিনাই কৰিব পাৰিলোহেঁতেন।

এতিয়া কওঁক, মোক এইদৰে মাতি অনাৰ উদ্দেশ্য কি? মাণিক মুদৈয়ে চিগাৰেট এটাত অগ্নি সংযোগ কৰি ক'লে ৷

জোছেফে মুখেৰে একো নামাতিলে । সি ৰেকৰ্ড প্লেয়াৰটো অনকৰিলে ৷ লগে লগে ছন্দা বৰ্মন আৰু অৰ্ণৱৰ মাজত হোৱা কথোপকথন বাজিবলৈ ধৰিলে। মাণিক মুদৈয়ে ছন্দাৰ কণ্ঠস্বৰ বুলি ধৰিবও পাৰিলে। সেয়ে সি কথাবোৰ চকু বিস্ফাৰিত কৰি মনযোগেৰে শুনি যাবলৈ ধৰিলে।

কেছেটটো শেষ হ'ল। জোচেফে ৰেকৰ্ড প্লেয়াৰটো অফকৰি ক'লে- কি শুনিলা? এইখিনিতে হ', নে আৰু প্ৰমাণ লাগিব ?

 ছন্দাক যে মই ব্লেকমেল কৰিছো তাৰ প্ৰমাণ কি? মাণিক মুদৈয়ে জোচেফৰ ফালে স্থিৰ দৃষ্টিত চাই ক'লে- মনে সজা কথাৰে কাকো জে'ললৈ পঠাব নোৱাৰি, বুজিলা ।

তুমিয়ে মৃদলা মুদকৈ মানুহ লগাই হত্যা কৰিছা। জোচেফে দৃঢ় কণ্ঠত কলে ৷

ছন্দাৰ ব্লেকমেল সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰিলে, মৃদুলা হত্যাৰ কথাটোও সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰিবা। মাণিক মুদৈয়ে ব্যংগ মিহলি সুৰত ক'লে।

ঘটনা সঁচা নহ'লে যোগসূত্ৰ এইদৰে কেতিয়াও নিমিলে। জোচেফে কলে-এয়া মাথোন সংযোগ নহয়, ইয়াৰ আঁৰত কিবা হ'লেও সত্য লুকাই আছে। কেছেটটোৱে তোমাৰ চৰিত্ৰ উদঙাই দিব আৰু পুলিচে মগজু খটুৱাই আচল ৰহস্য উদ্‌ঘাটন কৰিব। জানিবা, সত্য কেতিয়াও লুকাই নাথাকে । লুকাই-চুৰকৈ কৰিলে পাপ, পাপে নেৰে আপোন বাপ। এতিয়া কোৱা, আমি এইবোৰ পুলিচৰ হাতত গতাম, নে আমাৰ প্ৰস্তাৱত সন্মত হবা?

মাণিক মুদৈয়ে কিছুপৰ মনে মনে ভাবি ক'লে- কওঁক, মই কি কৰিব লাগিব ?

জোচেফে প্রসন্ন স্মিত হাঁহি মাৰি ক'লে- এতিয়া কৈছা কামৰ কথা। মই এজন সন্ন্যাসী। মোৰ নিজৰ টকাৰ প্ৰয়োজন নাই। এজনী ছোৱালীক বিয়া দিয়াৰ কাৰণে টকাৰ প্ৰয়োজন ৷ মোৰ নিজৰ ছোৱালী নহয়, লোকৰ ছোৱালী । মোৰ বাহিৰওে মোৰ লগত বৰ্তমান আৰু দুজন মানুহ আছে। মোৰ টকাৰ প্ৰয়োজন নাথাকিলেও সিহঁতৰ টকাৰ প্ৰয়োজন আছে। কাৰণ সিহঁত সন্ন্যাসী নহয়

আপুনি হয়তো জানেই মোৰ হাতত বৰ্তমান টকা নাই। মাণিক মুদৈয়ে নিজৰ দৈন্যতা প্রকাশ কৰি ক'লে- পুলিচৰ ৰেইডৰ কাৰণে ম‍ই বর্তমান সর্বস্বান্ত। ম‍ই টকা দিম ক'ৰ পৰা?

আমি তোমাৰ পৰা টকা নলওঁ । জোচেফে কলে- তুমি সোণৰ চোৰাং কাৰবাৰী। আমাক তুমি এক কেজিমান সোণৰ বিস্কুট দিলেই হ'ব।

এক কেজিতো দূৰৰে কথা, মোৰ হাতত বৰ্তমান এতোলা সোণো নাই ।

সেয়া মই জানো। জোচেফে দৃঢ়তাৰে ক'লে- মাটিৰ তলত পুতি থোৱা সোণখিনি আমাক দিলেই হ'ব।

মাটিৰ তলত পুতি থোৱা সোণ! মাণিক মুদৈয়ে চকু বিস্ফাৰিত কৰি ক'লে- কোনে ক'লে মই মাটিৰ তলত সোণ পুতি থৈছো?

মই সকলো জানো৷ ক'ত কেনেকৈ পুতি থৈছা সেয়াও মই জানো। জোচেফে এইদৰে কৈ ক'লে- তোমাৰ লগত মই অযথা তৰ্ক নকৰোঁ৷ আলোচনা ইমানতে সামৰিব খুজিছো। ক'ত কেনেকৈ সোণখিনি দিব লাগিব সেয়া মই তোমাক ফোনত জনাম ৷

মাণিক মুদৈয়ে কলে- হ'ব বাৰু। কিন্তু মোক দুদিন সময় দিব লাগিব।

নিশ্চয় পাবা। জোচেফে কলে- কিন্তু আৰু এটা চৰ্ত আছে। সোণৰ লগতে তুমি ছন্দা বৰ্মনৰ নগ্ন ফটোবোৰ দিব লাগিব

সেই ফটোবোৰ আকৌ কিয় ?

প্রয়োজন আছে। জোচেফে কলে- কাৰণ আমি সেই নগ্ন ফটোবোৰ তাইক ওভতাই দিম বুলি কথা দিছো

বাৰু, সেইবোৰো পাই যাব। মাণিক মুদৈয়ে অনুৰোধৰ সুৰত ক'লে- কিন্তু আপুনি ছন্দাৰ বাণীৱদ্ধ কেছেটটো মোক দিব লাগিব ।

নিশ্চয় দিম। কিন্তু তুমি ফটোৰ নেগেটিভবোৰো দিব লাগিব। লগতে তোমাৰ হাতত ফটোবোৰৰ কোনো কপি ৰাখিব নোৱাৰিবাএইদৰে কৈ জোচেফ বহাপৰা উঠি জাঁপ মাৰি আহি মাণিক মুদৈৰ পকেটৰপৰা পিস্তলটো কাঢ়ি নিলে ৷ কামটো ইমান ক্ষিপ্রভাবে কৰিলে যে, মাণিক মুদৈয়ে বাধা দিয়াৰ কোনো সুযোগে নাপালে। পিস্তলটো কাঢ়ি নিয়ে সি মাণিক মুদৈৰ ফালে পিস্তল টোঁৱাই ক'লে- কিন্তু কোনো ধৰণৰ চালাকি কৰিবলৈ চেষ্টা নকৰিবা। চালাকি কৰিলে তোমাৰ পিস্তলেৰেই তোমাক গুলীয়াই মাৰিম । তুমি এতিয়া যোৱা। কাইলৈ সন্ধিয়া ফটোবোৰ দি যাবা। সোণবোৰ ক'ত কেনেকৈ দিব লাগিব কাইলৈ তোমাক ম‍ই জনাম।

মাণিক মুদৈ কোঠালিৰপৰা ওলাই গ'জোচেফো তাৰ পিছে পিছে বাহিৰলৈ ওলাই আহিল৷*

                        দহ

সিদ্ধান্ত অনুসৰি পাছদিনা সন্ধিয়া মাণিক মুদৈয়ে ছন্দাৰ নগ্ন ফটো আৰু নেগেটিভবোৰ হোটেল ফৰচনত জোচেফৰ হাতত দি গ'ল। জোচেফে সোণৰ বিস্কুটবোৰো হোটেলখনতে দিয়াৰ কথা কৈছিল। কিন্তু মাণিক মুদৈয়ে ক'লে- মোৰ ওপৰত পুলিচে সততে চকু ৰাখি আছে। গতিকে মই সেইবোৰ লৈ আহিলে পুলিচৰ হাতত ধৰা পৰাৰ ভয় আছে। গতিকে জোচেফে নিজেই গৈ সেইবোৰ আনিব লাগিব

কথামতেই পাছদিনা সন্ধিয়া জোচেফ মাণিক মুদৈৰ ঘৰলৈ গৈ সোণৰ বিস্কুটবোৰ লৈ আহিল। পূৰা এক কেজি। মাণিক মুদৈয়ে অৱশ্যে কিছু কম দিব খুজিছিল, কিন্তু জোচেফে সেই আপত্তি মানি নল'লে৷ ফলত অনিচ্ছাসত্ত্বেও মাণিক মুদৈয়ে পূৰা এক কেজি সোণেই দিবলৈ বাধ্য হ'ল ।

সোণখিনি লৈ অহাৰ বাটত জোচেফে চিনাকি সোণাৰীৰ দোকান এখনলৈও গ'ল সেইবোৰ পৰীক্ষা কৰাৰ কাৰণেমাণিক মুদৈ যিহে ধুৰন্ধৰ মানুহ! যদি সি নকল সোণৰ বিস্কুট দিছে! কিন্তু তাৰ কপাল বেয়া সিদিনা দোকানখন বন্ধ আছিল। সেয়ে সি সোণবোৰ পৰীক্ষা কৰিব নোৱাৰিলে।

জোচেফে জয়শ্ৰীক হোটেল ফৰচুনৰ গেটৰ সন্মুখত লগ পালে। জোচেফক দেখি জয়শ্ৰী উৎফুল্লিত হৈ উঠিল৷ ক'লে তাই- আপোনাৰ কাৰণেই অপেক্ষা কৰি আছো।

জোচেফে কোনো কথা নকৈ ইংগিতত জয়শ্ৰীক তাৰ পিছে পিছে আহিবলৈ কৈ হোটেলৰ ভিতৰলৈ সোমাই আহিল।

সিহঁত নিৰ্দ্দিষ্ট কোঠালিটো লৈ আহিল। মেজৰ ওপৰত এটুকুৰা কাগজ পৰি আছিল। সি কাগজ টুকুৰা বুটলি ভাজ খুলি চকু ফুৰালে । টাইপ কৰা সৰু এখন চিঠি। চিঠিত লিখা আছিল-

ডাঙৰীয়া,

বেয়া নাপাব। আপোনাৰ অনুপস্থিতিত ফটো আৰু কেছেটটোবোৰ লৈ গ'লো। পৰিৱৰ্তে নতুন এখন কেছেট থৈ গ'লো। কেছেটটো ৰেকৰ্ডাৰত ভৰাই শুনিব আৰু চিঠিখনত লিখা ধৰণে কাম কৰিব। আপুনি মাণিক মুদৈৰ পৰা অনা সোণৰ বিস্কুটবোৰ এখন ক'লা কাপোৰৰ থৈলাত ভৰাই কাইলৈ ৰাতিপুৱা অৰ্ণৱ হালৈৰ অট'ৰ ডিকিত থৈ পিচবোর্ডেৰে ঢাকি থৈ দিব। আমাৰ মানুহে সেইবোৰ লৈ যাব আৰু কলা কাপোৰৰ মোনাত ভৰাই কেছেট আৰু ফটোবোৰ ডিকিত থৈ যাব। যদি আমাৰ নিৰ্দ্দেশ অনুসৰি কাম নকৰে কেছেট আৰু ফটোবোৰ পুলিচৰ হাতত গতাই দিয়া হ'ব। আশা কৰোঁ, ছন্দাৰ ভৱিষ্যতৰ কথা ভাবি আমাৰ নিৰ্দেশমতে কাম কৰিব। ইতি-

জশ্ৰীয়ে সুধিলে- কি লিখা আছে কাগজ টুকুৰাত ?

জোচেফে কোনো উত্তৰ নিদিলে। সি বিছনাৰ তলৰ পৰা কাৰ্টুনটো বাহিৰ কৰি ৰেকৰ্ডাৰটো উলিয়ালে। চিঠিত লিখা ধৰণেই সি এটা কেছেট পালে। সি কেছেটটো ৰেকৰ্ডাৰত ভৰাই চুইচ অন কৰিলে। কেচেটটোত জোচেফ আৰু মাণিক মুদৈৰ মাজত হোৱা কথোপকথন ৰেকৰ্ড কৰা আছিল।

জয়শ্ৰীয়ে সুধিলে- কেছেটটো শুনিলো। চিঠিখনত কি লিখা আছে?

জোচেফে হুমুনিয়াহ কাঢ়ি চিঠিখন জয়শ্ৰীৰ ফালে আগবঢ়ালে। চিঠিখন পঢ়ি জয়শ্ৰীৰ মুখমণ্ডল সৰাপাতৰ দৰে শেঁতা পৰি গ'ল। তাই কৰুণ দৃষ্টিত জোচেফৰ ফালে চাই সুধিলে- এতিয়া উপায়?

জোচেফে পর্যবেক্ষণৰ দৃষ্টিত জয়শ্ৰীৰ ফালে চাই ক'লে- সিহঁতে আমাৰ এই গোপন অভিযানৰ সম্ভেদ পালে কেনেকৈ? কোন হ'ব পাৰে এওঁলোক? জোচেফৰ চকুযোৰ টটকৈ জ্বলিবলৈ ধৰিলে। নিশ্চয় আমাৰ মাজৰপৰাই কোনোবা এজনে ক'ব লাগিব। সি জয়শ্ৰীৰ ফালে সন্ধানী দৃষ্টিত চাই কলে- কিন্তু কোন সি?

মই কেনেকৈ কম ! জয়শ্ৰীৰ চকুত ভয়-বিহ্বল দৃষ্টি। তাই সেমেনা-সেমেনি কৰি ক'লে- ঈশ্বৰৰ শপত । মই এই বিষয়ে একো নাজানো৷ তাই অনুনয়ৰ সুৰত কলে- আপুনি অনুগ্ৰহ কৰি সিহঁতৰ কথামতে কাম কৰক৷ মই জেললৈ যাব নুখুজো।

নাই নহ'ব। জোচেফে দৃঢ় কণ্ঠত কলে- প্রয়োজন হ'লে মই জেললৈকো যাম। সেইবুলি সিহঁতৰ কথা মতে কাম নকৰোঁ।

মোৰে শপতজয়শ্ৰীয়ে ভয়ার্ত কণ্ঠত কলে- আপুনি নিৰীহ অৰ্ণৱৰ কথা ভাৱক। সি এইবোৰ কথা জানিলে ভয়তে মৰি যাব

জোচেফে দৃঢ় কণ্ঠত আশ্বাস দিলে- চিন্তা নকৰিবা। সিহঁতে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে৷

এনেতে অৰ্ণৱ কোঠালিৰ ভিতৰলৈ সোমাই আহিল। অৰ্ণৱক দেখি জোচেফে ক'লে- তুমি আহি ভালেই কৰিছা। বৰ্তমান আমি এটা সমস্যাত পৰিছো। কোনোবাই আমাৰ গোপন অভিযানৰ সম্ভেদ পাই গৈছে।

অর্থাৎ... অৰ্ণৱ উৎকণ্ঠিত হৈ উঠিল।

জোচেফে সকলো ভাঙিপাতি ক'লে ৷ অর্ণৱে নিজেও চিঠিখন পঢ়ি চালে। চিঠিখন পঢ়ি তাৰ মুখমণ্ডল মৰা বৰালিৰ দৰে শেঁতা পৰি গ'ল ৷ সি কম্পিত কণ্ঠত সুধিলে- এতিয়া কি কৰিব খুজিছে?

জোচেফে নিৰ্বিকাৰভাবে কলে- চাওঁ, কি কৰিব পাৰোঁ।

অর্ণৱে আবেগিকভাবে কলে- মই জীৱনত পৰিশ্ৰমৰ বাহিৰে বেলেগ উপায়ে টকা উপাৰ্জনৰ কথা কেতিয়াও ভবা নাই। এই কামতো ম‍ই টকাৰ লোভত আপোনালোকৰ লগত সহযোগ কৰা নাই। এজনী ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে মই এই কামত আপোনালোকক সহযোগ কৰিছো। ছোৱালীজনীৰ ভৱিষ্যততো দূৰৰে কথা, এতিয়া আমাৰ নিজৰ ভৱিষ্যতেই......

জয়শ্ৰীয়ে ভয়-বিহ্বল কণ্ঠত কলে- মোৰ বৰ ভয় লােিগছ। পুলিচে এইবোৰ জানিব পাৰিলে কমেও পাঁচ বছৰৰ কাৰণে জে'ললৈ যাব লাগিব। মোৰ মতে চিঠিখনৰ মতে কাম কৰাই উচিত হ'ব।

ময়ো আপোনৰ লগত একমত। অর্ণৱে জয়শ্ৰীক সমৰ্থন কৰিলে।

অৰ্ণৱৰ ভয়ত বিবর্ণ মুখমণ্ডললৈ চাই জোচেফৰ পুতৌ উপজিল। সি আচলতে কোনো পৰিস্থিতিতে সোণৰ বিস্কুট কেইটা ঘূৰাই দিয়াৰ পক্ষপাতি নহয় । তাৰ মতে, জীৱন মানেই সমস্যা। সমস্যাৰ লগত খাপ খুৱাই আগবঢ়াৰ নামেই জীৱন। সমস্যা দেখি পিছহোঁহকি অহাৰ নামেই পৰাজয় ৷ পৰাজয় মানেই আত্মসমৰ্পণজোচেফ আত্মসমৰ্পণ কৰাৰ পক্ষপাতি নহয়সি কিছু সময় কিবা ভাবিলে । তাৰ পাছত অৰ্ণৱৰ ভয়ত বিবৰ্ণ মুখমণ্ডললৈ চাই ক'লে- ঠিক আছে, তোমালোকে যদি বিচৰা নাই, তেনেহ'লে তোমালোকৰ মতেই কাম কৰা হ'ব। কিন্তু কোনে আমাৰ লগত এই খেল খেলিছে এই কথা আমি জানিব লাগিব ৷ এইদৰে কৈ সি অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- আৰু সেই কামফেৰা তুমি কৰিব লাগিব। যেহেতু তোমাৰ অটখনতে বস্তুবোৰ দিয়াৰ কথা কৈছে।

অৰ্ণৱ প্ৰতিবাদ কৰি উঠিল- মই কেনেকৈ জানিম। দিনত কমেও প্রায় পঁচিছৰ পৰা ত্ৰিছজন যাত্রী উঠা-নমা কৰে। মানুহজনক ম‍ই চিনাক্ত কৰিম কেনেকৈ?

অৱশ্যে তুমি মিছা কোৱা নাই। জোচেফে আত্মসমৰ্পণৰ ভংগীত ক'লে- বাৰু, দৰ্কাৰ নাই চিনাক্ত কৰাৰ । এইদৰে কৈয়ে জয়শ্ৰীক উদ্দেশ্য কৰি ক'লে-তুমি এতিয়া তোমাৰ কামলৈ যোৱাগৈ । অৰ্ণৱৰ লগত মোৰ বেলেগ কথা আছে। নাই নাই, তোমাক মই অবিশ্বাস কৰা নাই। ছন্দাৰ বিষয়ে কিছু কথা ক'ব লগা আছে। তিনি কাণ হলে হেনো কথাৰ গুৰুত্ব কমি যায়। তদুপৰি শাস্ত্ৰত এষাৰ কথা আছে। তিৰোতা মানুহৰ হেনো পুৰুষৰ দৰে কণ্ঠৰ হাড়ডাল নাই। সেয়ে তিৰোতা মানুহে পেটত কথা ৰাখিব নোৱাৰে। জোচেফে শেষৰ কথাফাকি ঠাট্টাৰ সুৰত ক'লে

অনিচ্ছা সত্ত্বেও জয়শ্রী কোনো ধৰণৰ আপত্তি নকৰাকৈ বাহিৰলৈ ওলাই গ'ল ৷

জোচেফে দুৱাৰখন বন্ধ কৰি অৰ্ণৱৰ কাণৰ গুৰিলৈ মুখ আনি ক'লে- তুমি দুষ্কৃতিকাৰীক চিনাক্ত কৰিবই লাগিব। তুমি সদায় তোমাৰ সন্মুখৰ গ্লাছখনৰ ফালে চকু ৰাখিবা। দুষ্কৃতিকাৰীৰ মুখত উৎকণ্ঠাৰ ভাব এটা নিশ্চয় থাকিব। তেনেকুৱা মানুহ দেখিলে তাৰ প্ৰতি তুমি বিশেষভাবে চকু দিবা। তুমি মানুহজনক মাথোন চিনাক্তহে কৰিবা। তুমি একো কৰিব নালাগে । যি কৰিব লাগে ম‍ই কৰিম।

অৱশ্যে এইখিনি কাম কৰাত অসুবধিা নহ'ব। অর্ণৱে সংশয় প্রকাশ কৰি ক'লে- কিন্তু মোৰ অনুপস্থিতিত যদি কোনোবাই লৈ যায় ?

তুমি অটএৰি থাকিলেও অট'ৰ ফালে সদায় চকু ৰাখিবা। জোচেফে সান্ত্বনা দিয়াৰ কাৰণে কলে- এটা দিনৰহে কথা। নিশ্চয় পাৰিবা।

'ব বাৰু! দুৰ্বলতা থাকিলেও অর্ণৱে আশ্বাস দিলে।

বস্তুবোৰ আজি মোৰ লগতে ৰাখিম । কাইলৈ ৰাতিপুৱা ইয়ালৈ আহি লৈ যাবাহি। এইদৰে পৰামৰ্শ দি অৰ্ণৱক আশ্বাস দিয়াৰ কাৰণে কলে- তুমি একো ভয় কৰিব নালাগে । তুমি বা ছন্দাৰ কোনো ক্ষতি মই হ'বলৈ নিদিও। যদি কিবা ক্ষতি হয় মোৰ হ', তোমালোকৰ নহয় ৷ আশ্বাস পাই অৰ্ণৱ কোঠালিৰ পৰা ওলাই গ'ল। জোচেফে গাজা এচিলিম জ্বলাই একান্ত মনে হুপিবলৈ ধৰিলে।*

                                     এঘাৰ

পাছদিনা ৰাতিপুৱা টোপনিৰ পৰা উঠি অর্ণৱে খৰখেদাকৈ প্ৰাতঃকৃত্য সমাপন কৰি কাপোৰ-কানি পিন্ধি দিনটোৰ কাৰণে প্ৰস্তুত হৈ ওলাল ৷ তাৰ কাৰণে আজিৰ দিনটো সমৰ সদৃশ। কেনেকৈ সি সফল সেনানীৰ ভাও ল'ব তাকে ভাবি ভাবি সি অট'ৰ কাষলৈ আহিল৷ ৰাস্তাৰ মাজত থিয় দি কথা পাতি থকা দুজন ডেকাৰ ফালে তাৰ চকু গ'ল। ডেকা দুজনে যেন তাৰ বিষয়েই কিবা কথা পাতি আছিল এনেকুৱা অনুমান হ'ল তাৰ। এই ডেকা দুজনেই হয়তো আজি কোনোবা এটা সময়ত বস্তুবোৰ নিব। এতিয়া অটখন আৰু তাক চিনাক্ত কৰাৰ কাৰণেহে আহিছে হয়তো! অলপ পাছতে ডেকা দুজন গুচি গ'ল।

ডেকা দুজন গুচি যোৱাৰ পছতো সি পাঁচ মিনিট সময় বিমূঢ়ৰ দৰে ৰাস্তাৰ ফালে চাই থাকিল । ৰাস্তাৰে অহা-যোৱা কৰা প্ৰতিজন মানুহক সি সূক্ষ্ণভাবে পর্যবেক্ষণ কৰিলে। মানুহবোৰৰ মাজৰ পৰা দুই এজনে তাৰ ফালে কৌতূহলেৰে চাই গন্তব্যস্থানৰ ফালে গুচি গ'ল। এক দুঃস্বপ্নই যেন শীতৰ কুঁৱলিৰ দৰে তাৰ সমগ্ৰ চেতনা আচ্ছন্ন কৰি পেলালে।

আগতে ভয় কি বস্তু অর্ণৱে তেনেকৈ জনা নাছিল। আচলতে ল'ৰালিৰে পৰাই অৰ্ণৱৰ ভয়-ডৰ অলপ কম। ল'ৰালিত আইতাকে ভূতৰ গল্প কোৱাৰ সময়তো অর্ণৱে ভয় খোৱা নাছিল, মানুহক ভয় কৰাতো দূৰৰে কথা । কিন্তু জয়শ্ৰীৰ কথাত ছন্দাৰ কেছটোত জড়িত হৈ পৰাৰ পাছত সি যেন ভয়াতুৰ হৈ উঠিছেলগতে সন্দেহ প্ৰৱণো হৈ উঠিছে। ছাঁটোকো সি ভয় কৰা হৈছে। বাদুলি এটা উৰি গ'লেও সি চক্‌ খাই উঠা হৈছে। কিন্তু সি ইমান ভয়-বিহ্বল হৈ উঠাৰ কাৰণ কি? শুনামতে, কোনো পাপ অর্থাৎ অসৎ কাম কৰিবলৈ আগবাঢ়িলে মানুহৰ মনত ভয় ভাব ওপজে । কিন্তু সিতো কোনো অসৎ কাম কৰিবলৈ আগবঢ়া নাই। এজনী নিৰীহ ছোৱালীক এজন অসৎ লোকৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে সি এই কামত আগবাঢ়িছে। অৱশ্যে তাৰ উদ্দেশ্য সৎ হ'লেও আইনৰ দৃষ্টিত কামটোযে অন্যায় ইয়াত সন্দেহৰ অৱকাশ নাই। তাৰবাবেই হয়তো তাৰ মনত এই ভয়ৰ ভাব সঞ্চাৰ হৈছে

হঠাৎ তাৰ চকুৰ আগত ছন্দাৰ মুখখন ভাহি উঠিল। লগে লগে এক অনাবিল প্রশান্তিত তাৰ মনটো ভৰি পৰিল । ছন্দাৰ লগত কথা পতাৰ পাছৰ পৰা সি এটা মুহূৰ্তৰ কাৰণেও ছন্দাৰ মুখখন পাহৰিব পৰা নাই। অৱশ্যে সি পাহৰিবলৈ চেষ্টাও কৰা নাই। ছন্দাৰ কথা ভাবিলে যেন সি স্বচ্ছন্দ বোধ কৰে। মনটো পুলকেৰে ভৰি পৰে। ছন্দাৰ কথা ইমান ঘনে ঘনে মনত পৰিছে কিয় ? সি ছন্দাক ভাল পাই পেলালে নেকি?

কিছুমান লাগ-বান্ধ নোহোৱা ভাৱনাই অৰ্ণৱক কিছু সময় আচ্ছন্ন কৰি ৰাখিলে। হঠাৎ সি ঘড়ীটোলৈ চাই চঞ্চল হৈ উঠিল । লগে লগে সি চিঙা কাগজৰ দৰে ভাৱনাবোৰ দলিয়াই পেলাই অটত আহি বহি অট' ষ্টাৰ্ট দি হোটেল ফ্ৰচুনৰ ফালে চলাই দিলে।

হোটেললৈ আহি সি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলেজয়শ্রী কাউণ্টাৰত নাই। ল'ৰা এজনক সুধি জানিব পাৰিলে তাই ছুটী লৈছে।

সি আহাৰ গ্ৰহণ কৰি অটলৈ আহি দেখিলে, জোচেফ অট'ৰ পিছফালৰ আসনত বহি আছে। জোচেফে ক'লে- মই বস্তুবোৰ ডিকিত থৈ দিছো। তুমি এবাৰ চাই লোৱা। এইদৰে কৈ জোচেফ অটৰ পৰা নামিল

পিছফালৰ ছিটত বহি অর্ণৱে ডিকিটো খেপিয়াই চালে। ঠিকেই আছে। বস্তুবোৰ যথাস্থানতে ক'লা কাপোৰৰ মোনাত ভৰাই থোৱা আছে। সি জোচেফলৈ চাই ক'লে- হয়, ঠিকেই আছে।

এতিয়া তুমি তোমাৰ যাত্ৰা আৰম্ভ কৰা। এইদৰে কৈ জোচেফ গুচি গ'ল।

অৰ্ণৱ চালকৰ আসনত বহি তাৰ মূৰৰ ওপৰত থকা ভিওৱাৰ গ্লাছখন এনেকৈ ঠিক কৰি ল'লে যাতে সি যাত্ৰীৰ ওপৰত সততে চকু ৰাখিব পাৰে । গ্লাছখন ঠিক কৰি সি গ্লাছখনত দৃষ্টি বুলালে। ঠিকে আছে। পাছৰ ছিটত বহা প্ৰতিজন মানুহ আৰু ডিকিটোৰ ওপৰত সি ভালদৰেই চকু ৰাখিব পাৰিব ৷ কথাটো ভাবোঁতেই তাৰ কপালত বিন্দু বিন্দু ঘামৰ ৰেখা বিৰিঙি উঠিল ৷ সি কপালত হাত বুলালে ঘামবোৰ তাৰ হাতত লাগি ধৰিলে। সি ঘামবোৰ চকুৰ আগত দাঙি ধৰিলে। ঘামৰ মাজত সি ছন্দা বৰ্মনৰ শেঁতা মুখখন প্ৰত্যক্ষ কৰিলে। লগে লগে সি অট' ষ্টার্ট দিলে।

সাধাৰণতে সি লাখটকীয়াত অট' ষ্ট্যাণ্ড কৰে। সেয়ে সি লাখটকীয়ালৈ বুলি অট' চলাই দিলে। কিছু দূৰ অহাৰ পাছত এখন পাণ- দোকানৰ সন্মুখৰ পৰা এজনে অট' ৰখাবলৈ হাত জোকাৰি ইংগিত দিলে। লগে লেগ তাৰ হৃদপিণ্ডত খোচ লগাৰ দৰে অনুমান হ'ল। তাৰ বুকুখন চিৰিংকৈ উঠিল। বুকুত যেন কোনোবাই হাতুৰীৰে কোব মাৰিবলৈ ধৰিলে।

একাষৰীয়াকৈ অট' ৰাখি দিয়াৰ পাছত দুজন অট'ত উঠি বহিল। সি ভয়ে ভয়ে ভিওৱাৰ গ্লাছখনেৰে মানুহ দুজনৰ ফালে চালে।

মানুহ দুজনৰ এজনৰ চুলি চুটিকৈ কটা, কিন্তু আনজনৰ চুলি দীঘল। উভয়ৰ পোচাক-পৰিচ্ছদ মাৰ্জিত। অট'ত উঠিয়ে মানুহ দুজনে নিম্নস্বৰত কথা পাতিবলৈ ধৰিলে। অর্ণৱে মানুহ দুজনৰ কথোপকথন শুনিবলৈ চেষ্টা চলালে যদিও বিফল হ'ল। এটা শব্দও তাৰ কৰ্ণগোচৰ নহ'ল। ফলত সি প্ৰচণ্ড অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে। অর্ণৱে ভাবিলে, এই মানুহ দুজনেই হয়তো বস্তুবোৰ নিব! কিন্তু নিয়াৰ সময়ত যদি একমাত্র সাক্ষী হিচাপে তাক গুলীয়াই থৈ যায়? কথাষাৰ ভবাৰ লগে তাৰ সমস্ত চেতনা অসাৰ হৈ পৰিল আৰু ভয়ত তাৰ সৰ্বশৰীৰ কঁপি উঠিল।

মানুহ দুজনৰ নিৰ্দেশত সি পাণবজাৰৰ ফালে অটচলাই দিলে। কুৰুৰু কুৰুৰ' শব্দ তুলি অট' চলিল। তাৰ এটা চকু থাকিল ৰাস্তাৰ ওপৰত আৰু আনটো মানুহ দুজনৰ ওপৰত অৰ্থাৎ ইভওৱাৰ গ্লাছত। মানুহ দুজন গভীৰ আলোচনাত মগ্ন। পাণবজাৰ পোৱাৰ লগে লগে চুটিকৈ চুলি কটা মানুহজনে পিছফালে ঘূৰি ডিকিত কিবা বিচাৰিবলৈ ধৰিলে ৷ অৰ্ণৱৰ বুকু হম্হমাই উঠিল। সজাগ হ'ল তাৰ দৃষ্টি। কিন্তু নাই মানুহজনে সিহঁতৰে এটাচিখন ডিকিৰপৰা নমাই উলিয়াই আনিলে- ক'লা বৰণৰ থৈলা নহয় । সিহঁতে কিতাপৰ দোকান এখনৰ সন্মুখত অটৰখাবলৈ নিৰ্দেশ দিলে।

অর্ণৱে অটৰখাই দিলে। ভাড়া গতাই মানুহ দুজন গুচি গ'ল। সি মানুহ দুজনৰ অপসৃয়মাণ দেহৰ ফালে চাই কিছু সময় বুৰ্বকৰ দৰে চাই থাকিল। পাছ মুহূর্ততে সি সজাগ হৈ উঠিল। সি পিছফালৰ আসনলৈ আহি ডিকিত খেপিয়াই চালে। নাই মোনাটো যথাস্থানত অক্ষত অৱস্থাতে আছে।

অর্ণৱে পুনৰ অট' চলাই দিলে। গুৱাহাটী ক্লাৱত ছোৱালী এজনী অট'ত উঠিল। ছোৱালীজনীৰ পিন্ধনত জিনচ্ চাৰ্ট-পেণ্ট। বব কটা শেম্পু কৰা চুলি চকুত বহল ফ্ৰেমৰ চছ্‌মা। বয়স ওঠৰৰ পৰা বিছৰ ভিতৰত। অটত উঠিয়ে ছোৱালী জনীয়ে ফেন্সি বজাৰৰ ফালে যাবলৈ নির্দেশ দিলে।

অর্ণৱে ভিউৱাৰ গ্লাছৰ ফালে লক্ষ্য কৰিলে। ছোৱালীজনী যেন কিবা গভীৰ চিন্তাত মগ্ন। ছোৱালীবোৰে ব্লেকমেল কৰাৰ কথা সি বহুতৰে মুখত শুনিছে। ধুনীয়া চেহেৰাৰ বহু ছোৱালী হেনো বৰ্তমান ব্লেকমেলৰ লগত জড়িত। আজি-কালি বহু ছোৱালীয়ে হেনো ডকাইতি ও কৰে। তেনেহ'লে এই ছোৱালীজনীয়ে বস্তুবোৰ নলয়তো! সি কিন্তু এইবাৰ ভয় নাখালে। কাৰণ ছোৱালীজনীয়ে নিশ্চয় তাক গুলী নকৰে । কিন্তু হঠাৎ তাৰ মনত পৰি গ'ল ছিন্নমস্তা কালীৰ কথা, অসুৰ নাশিনী দূৰ্গাৰ কথা । তেওঁলোকো নাৰী। সৃষ্টি, স্থিতি, লয় নাৰীৰ দ্বাৰায় সংঘটিত হয়। মাতৃ ৰূপে জন্ম দিয়ে- লালন-পালন কৰে; আকৌ কামিনী ৰূপে নাশ কৰেআজি-কালি জীৱন-জীৱীকাৰ সন্ধানত নাৰীয়ে হাতত আগ্নেয়াস্ত্ৰ তুলি লৈছে, অতল সাগৰৰ তলিত ডুব মাৰি মুকুতা বুটলিছে, অসীম শূন্যত মহাকাশচাৰীৰূপে বিচৰণ কৰিছে। এই ছোৱালীজনীয়ে যদি অসুৰ নাশিনী মূৰ্তি ধাৰণ কৰি তাৰ হৃদয়ৰ অসুৰত্বক নাশ কৰে! কাৰণ সিতো আজি এজন অসুৰেই। সি আজি পাপৰ বাটত ভৰি থৈছে । গতিকে প্রতিজন মানুহই আজি তাৰ চকুত ৰহস্যময় হিচাপে ধৰা দিছে। অজান ভয়ে তাৰ মনটো দুৰ্বল কৰি তুলিছে।

ছোৱালীজনী চানমাৰ্তি নামি গ'ল। অৰ্ণৱ অট'ৰ পৰা নামি বিশেষ ঠাইডোখৰত খেপিয়াই চালে। ঠিকেই আছে। সি মিছাতে ছোৱালীজনীক সন্দেহ কৰিছিল। এজনী নিৰীহ ছোৱালীক অনাহকত সন্দেহ কৰাৰ কাৰণে তাৰ মনত অপৰাধবোধ জাগি উঠিল। কিন্তু উপায় নাই। সি তাৰ নিৰ্দ্ধাৰিত কাম কৰিছে।

সি অট' ঘূৰাই পুনৰ পাণবজাৰৰ ফালে চলাই দিলে। শিলপুখুৰীলৈ আহি সি এখন ৰেস্তোৰাঁত চাহ খালে। বাহিৰলৈ ওলায়ে সি ছন্দা বৰ্মনক পাণ-দোকান এখনৰ সন্মুখত থিয় দি থকা দেখিলে। ছন্দাক দেখি তাৰ মনটো ফৰকাল হৈ উঠিল ৷ তাৰ মনৰ পৰা ভয়-শংকা আঁতৰি গ'ল। সি অট' ষ্টার্ট দি ছন্দা বৰ্মনৰ কাষলৈ আহি মূৰটো বাহিৰলৈ উলিয়াই মাতিলে- হেল্ল', ছন্দা মেডাম

ছন্দাই মূৰটো ঘূৰাই তাৰ ফালে চালে। অৰ্ণৱক দেখি তাই আগবাঢ়ি আহি ক'লে- আপুনি! আপুনি ইয়াত কি কৰিছে?

ছন্দাৰ কৌতূহল দেখি অৰ্ণৱ পুলকিত হৈ উঠিল। সি ক'লে- ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰাই মোৰ কাম। পিচে, আপুনি ইয়াত কি কৰিছে?

আজি অফিচ বন্ধ। সেয়ে বান্ধৱী এজনীৰ লগত দেখা কৰিবলৈ গৈছিলো৷ অটৰ কাৰণে ৰৈ আছো। আপুনি যাব নেকি?

 নিশ্চয় যাম। উঠক।

ছন্দা অট'ত উঠি বহিল।*

                               বাৰ

কিছুদূৰ অহাৰ পাছতে ছন্দাই এখন ঘৰৰ সন্মুখত অটৰাখিবলৈ ক'লে।

ছন্দা অটৰ পৰা নামি গেট খুলি ক'লে- বলক। এইখনে আমাৰ ঘৰ

প্রবল ইচ্ছা থকা সত্ত্বেও অর্ণৱে ডিকিত থকা বস্তুবোৰৰ কথা ভাবি সেমেনা-সেমেনি কৰি ক'লে- আজি নহ'লে থাকক। বেলেগ এদিন আহিম বাৰু

ছন্দাই আত্মীয়তাৰ সুৰত ক'লে- বেলেগ এদিন আকৌ কিয় ? আজিয়ে বলক। আপোনাক পালে আয়ে খুব ভাল পাব। আপোনাৰ লগত মোৰ কথাও আছে। এইদৰে কৈ ছন্দাই অৰ্ণৱলৈ চাই মিচিকিয়া হাঁহি মাৰি ঠাট্টাৰ সুৰত ক'লে- আহক, ভয় নকৰিব। আমি আপোনাক ব্লেকমেল নকৰোঁ।

ছন্দাই ঠাট্টাৰ সুৰত ক'লেও কথাষাৰ অৰ্ণৱৰ বুকুত কাঁইটৰ দৰে বিন্ধিল। তাৰ মুখমণ্ডল শেঁতা পৰি গ'ল। ভাবিলে, ছন্দাই তাক এনেকৈ কিয় কলে? তাই তাক কি বুলি ভাবি আছে ? সি তাইক ব্লেকমেল কৰা বুলি ভাবি আছে নেকি? পাছমুহূর্ততে ভাবিলে, নাই নাই, এয়া কেনেকৈ সম্ভৱ ! সি দেখোন তাইক সকলো কথা ভাঙি পাতি কৈছে। এয়া হয়তো তাৰ মনৰহে দুৰ্বলতা ! কাৰণ দুৰ্বল মুহূৰ্তত সকলো মানুহ সন্দেহপ্ৰৱণ হৈ উঠে।

অর্ণৱে নিজক চম্ভালি ক'লে- আপোনাৰ দৰে মানুহে ব্লেকমেল কৰিলে মোৰ জীৱনটো ধন্য হোৱা বুলি ভাবিম।

মানুহক বেছি বিশ্বাসত নল'ব। ছন্দাই মিচিকিয়া হাঁহি মাৰি ক'লে- ফুলৰ বুকুতো কিন্তু কাঁইট থাকে। এইদৰে কৈ ছন্দাই গেট খুলি ক'লে- অট' গেটৰ ভিতৰলৈ লৈ আহক ৷ ৰাস্তাত থ'ব নালাগে।

যন্ত্রচালিত মেচিনৰ দৰে সি অটখন গেটৰ ভিতৰলৈ লৈ আহিল ৷ তাৰ পাছত সি অট'ৰ পৰা নামি ছন্দাৰ পিছে পিছে খোজ ল'লে।

এল প্যাটাৰ্ণৰ দুমহলীয়া আৰচিচি বিল্ডিং। আহল বহল চৌহদ। বৈঠকখানাৰ ফালে এখন সৰু বাগিছা। বাগিছাখনত বোগেনবেলিয়া, ডালিয়া আদি বিদেশী ফুলৰ পয়োভৰ । গানৰ সুৰৰ দৰে স্নিগ্ধ কোমল সুবাস মলমলাই আছে ঠাইডোখৰত৷ এক অজান পুলকত অৰ্ণৱৰ দেহ- মন পুলকিত হৈ উঠিল। সি ছন্দাৰ পিছে পিছে বৈঠকখানালৈ সোমাই আহিল। প্রশস্ত বৈঠকখানা- যেন এখন হল ঘৰহে। কোঠালিটোত মূল্যবান আচবাব পত্ৰৰ পয়োভৰ। দেৱালত দামী অইল্‌ পেণ্টিং'কোঠালিটোৰ প্ৰতিটো বস্তুতে আভিজাত্যৰ চিক্‌মিকনি।

ছন্দাই ছোফা এখনলৈ আঙুলিয়াই ক'লে- বহক। আপোনাক এইদৰে লগ পাম বুলি আশা কৰা নাছিলো । আপোনাক পাই কিযে ভাল লাগিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰিম।

কণ্ঠস্বৰ নহয়, যেন সংগীতৰ মূৰ্চ্ছনাহে। অর্ণৱে অভিভূতৰ দৰে ক'লে- এয়া মোৰ সৌভাগ্য। মোৰ দৰে এজন নিঃকিনক স্মৰণ কৰাৰ কাৰণ কি জানিব পাৰোঁ নেকি ?

ছন্দাৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'ল। তাই ক'লে- নাই নাই, কোনো কাৰণ নাই। এনেয়ে। বাৰু, আপুনি বহক, ম‍ই কাপোৰ সলাই আহি আছোঁ।

ছন্দা চঞ্চল উচ্ছল অথচ ৰাজহংসৰ দৰে মৃদু গতিত কোঠালিৰ পৰা ওলাই গ'ল। অর্ণৱে অপলক দৃষ্টিত তাইৰ অপসৃয়মাণ দেহৰ ফালে চাই থাকিল । ছন্দা যেন নিপুণ কাৰিকৰৰ দৰদী হাতৰ পৰশত গঢ় লৈ উঠা এক মোহময়ী মূৰ্ত্তিহে। এনেকুৱা উপলব্ধি হ'ল অৰ্ণৱৰ৷

অৰ্ণৱৰ হঠাৎ অটখনৰ কথা মনত পৰি গ'ল। সি বহাৰপৰা উঠি খিড়িকি এখনেৰে বাহিৰলৈ চাই পঠিয়ালে। নাই, কোনো নাই অটখনৰ ওচৰে-পাঁজৰে । অটখন যাতে চকুত পৰে সি তেনেকুৱা এখন খিড়িকিৰ কাষত বহিল। তাৰ দৃষ্টি অট'ৰ ওপৰত থাকিল আৰু মন থাকিল ছন্দা ভিতৰলৈ সোমাই যোৱা দুৱাৰখনৰ ফালে ।

তাৰ মনত হাজাৰটা ভাৱৰ আলোড়ন । তিৰোতা মানুহে হেনো পুৰুষৰ মনৰ কথা বুজি পায়। ছন্দাই তাৰ মনৰ খবৰ পাইছে নেকি বাৰু? নহ'লে ইমান আতিথেয়তাৰ কাৰণ কি?

কাপোৰ সলাই ছন্দা কোঠালিৰ ভিতৰলৈ সোমাই আহিল। তাই ক্ষমা খোজৰ ভংগীত ক'লে- ক্ষমা কৰিব। অহাত অলপ পলম হ'ল। অকলে বহি বহি হয়তো আমনিয়ে পাইছে।

নাই নাই, একো অসুবিধা পোৱা নাই। এইদৰে কৈয়ে অর্ণৱে সেমেনা-সেমেনি কৰি সুধিলে- ঘৰখনত বেলেগ কোনো নাই নেকি? একেবাৰে দেখোন নিমাওমাও পৰিৱেশ ঘৰখনত ।

নাই নাই, আছে। ছন্দাই ক'লে- মাৰ বাতৰ বিষ। দিনৰ বেছিভাগ সময় বিছনাতে পৰি থাকে। দেউতা ৰাতিপুৱাই এখন মিটিঙলৈ বুলি ওলাই গৈছে। বনকৰা তিৰোতাজনী পাক ঘৰত ব্যস্ত হৈ আছে। এলিনা ক'ৰবালৈ ফুৰিবলৈ গৈছে।

এলিনা! মানে? অর্ণৱে সুধিলে।

মোৰ ভনী। ছন্দাই ক'লে- কলেজত পঢ়ে। তাই বৰ উতনুৱা হৈ উঠিছে। ঘৰত থাকিবই নুখুজে। ৰাতিপুৱাই ক'ৰবালৈ ওলাই গৈছে। এয়া যুগৰ দোষ! অর্ণৱে ছন্দাক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- তাতে আকৌ কলেজীয়া ছোৱালী!

ছন্দাই ক্ষোভেৰে সৈতে কলে- তাই নামতহে কলেজত পঢ়ে। লিখা-পঢ়াৰ প্ৰতি তাইৰ মুঠেই মন নাই। সদায় পার্টি, মেল-মিটিঙলৈ ব্যস্ত হৈ থাকে। লিখা-পঢ়াত খুবেই বেয়া।

অর্ণৱে দাৰ্শনিকৰ দৰে ক'লে- লিখা-পঢ়াত বেয়া কাৰণেই তাই সামাজিক কামত অংশ গ্রহণ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্রমাণ কৰিব বিচাৰিছে হয়তো! লক্ষ্য কৰিলে দেখিব, গুণ নথকা ল'ৰা-ছোৱালীবোৰেহে সাজি-কাচি ভাল পায়। সাজোন-কাচোনকে সিহঁতে গুণৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰে ৷

ছন্দাই অৰ্ণৱৰ যুক্তি খণ্ডন কৰি ক'লে- হ'লেও অতিমাত্ৰা সকলোতে বেয়া। মোৰ ধাৰণা তাই এদিন উজুটি খাব।

ছন্দাই থিয় দি কথা পাতি আছিল। সেয়ে অর্ণৱে ক'লে- আপুনি নবহে কিয় ? বহক।

ছন্দাই অৰ্ণৱৰ সন্মুখত থকা ছোফাখনত বহি সেমেনা-সেমেনি কৰি ক'লে- পিছে, কামটো কিমান দূৰ আগবাঢ়িল? মই কিন্তু খুবেই আশাবাদী হৈ আছোঁ। আশা কৰিছো, আপুনি মোৰ কাৰণে নিশ্চয় কিবা এটা কৰিব। কামটো কৰিব পাৰিলে ম‍ই চিৰদিন আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম।

ছন্দাৰ আস্থা দেখি অৰ্ণৱ কিছু অস্বস্তিত পৰিল। কি ক'ব সি ছন্দাক? বর্তমান যি সমস্যাই দেখা দিছে, কামটোত সি সফল হ'ব পাৰিবনে নাই, তাত যথেষ্ট সন্দেহ আছে। অৱশ্যে জোচেফৰ প্ৰতি তাৰ সম্পূৰ্ণ আস্থা আছে। তাৰ ধাৰণা, জোচেফে এই ক্ষেত্ৰত নিশ্চয় কিবা এটা কৰিব পাৰিব । তথাপি ছন্দাক আভুৱা-ভাঁৰিবলৈ তাৰ মন নগ'ল। সেয়ে সি সঁচা কথাটো ক'বলৈ সিদ্ধান্ত ল'লে ৷ ক'লে-কূলত আহি নাও বুৰাৰ দৰে অৱস্থা হৈছে আমাৰ৷ আমি বস্তুবোৰ মাণিক মুদৈৰ পৰা ঠিকেই সংগ্ৰহ কৰিছিলো, কিন্তু সেইবোৰ আকৌ কোনোবাই চুৰি কৰি নিলে।

ছন্দাৰ মুখমণ্ডল শেঁতা পৰি গ'ল। তাই চকু বিস্ফাৰিত কৰি ক'লে- অর্থাৎ ! ছন্দাৰ কণ্ঠস্বৰ কঁপি উঠিল। উৎকণ্ঠিত কণ্ঠত তাই ক'লে- আপুনি কি ক'ব খুজিছে? মই একো বুজিব পৰা নাই। কোনে চুৰি কৰিলে?

কোনে চুৰি কৰিলে এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই। অর্ণৱে ছন্দাক আশ্বাস দিয়াৰ কাৰণে ক'লে- আপুনি ভয় নকৰিব ৷ আমি অতি সোনকালেই চোৰ ধৰিবলৈ সক্ষম হ'ম। জোচেফৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে।

জোচেফ! ছন্দা কৌতূহলী হৈ উঠিল। সুধিলে- জোচেফ কোন?

অর্ণৱে জোচেফৰ পৰিচয় দিলে- জোচেফ এগৰাকী সন্ন্যাসী। কেবাবাৰো জেল খাটিছে। হ'লেও মানুহজন বেয়া নহয়। অন্যায় সি মুঠেই সহ্য নকৰে। বিশেষকৈ নাৰীৰ প্ৰতি অন্যায় হোৱা দেখিলে সি ক্ষিপ্ত হৈ উঠে। তেৱেঁই কামটোত আগভাগ লৈছে। আপুনি চিন্তা নকৰিব। নিশ্চয় তেওঁ কিবা এটা কৰিব ।

ছন্দাই আবেগ মিহলি কণ্ঠত কলে- মোৰ জীৱন বৰ্তমান বিপর্যস্ত অন্ধকাৰাচ্ছন্ন। মোৰ জীৱন-মৃত্যু বৰ্তমান আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি মাৰিলেও মাৰিব পাৰে আৰু বচালেও বচাব পাৰে।

আপুনি তেনেকৈ নকব। অর্ণৱে ছন্দাক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- আপুনি মোক বিশ্বাস কৰক, আমি আপোনাৰ তিলমানো অপকাৰ হ'বলৈ নিদিওপ্রথমে কৌতূহলবশতঃ এই কামত হাত দিছিলো। কিন্তু আপোনাৰ মুখৰ পৰা প্ৰকৃত ঘটনা জানিব পাৰি, এতিয়া বিষয়টোক মই প্ৰত্যাহ্বান হিচাপে লৈছো।

ছন্দাই হতাশ কণ্ঠত কলে- আপোনাৰ ওপৰতে মোৰ সকলো আশা-ভৰসা এৰি দিছোঁ। আপুনি মোক মাৰিলেও মাৰিব পাৰে আৰু বচালওে বচাব পাৰে । কাৰণ এইক্ষেত্ৰত মোৰ কৰিব লগা একো নাই। যদি কেনেবাকৈ মোৰ ফটোবোৰ চহৰৰ অলিয়ে-গলিয়ে লগাই দিয়ে মোৰ আত্ম হত্যাৰ বাহিৰে বেলেগ উপায় নাথাকিব ।

অৰ্ণৱৰ সোণবোৰৰ কথা মনত পৰিল। যদি ব্লেকমেলাৰবোৰে অটৰ কাৰণে বাট চাই চাই উভতি যায়, তেনেহ'লে ছন্দাক বচোৱাৰ যি অলপ আশা আছে সেয়াও নোহোৱা হ'ব। সেয়ে সি ব্যস্ত হৈ উঠিল। ক'লে- বহু সময় হ'ল। মই এতিয়া যাওঁ। মোৰ বিশেষ সকাম আছে। আপোনাক মই পাছত লগ কৰিম।

ছন্দাই ব্যস্তভাবে কলে- অকনমান বহক। মই ভিতৰৰ পৰা আহি আছো ৷ এইদৰে কৈ ছন্দাই অৰ্ণৱৰ অনুমতিলৈ অপেক্ষা নকৰি ভিতৰলৈ সোমাই গ'

ছন্দা ভিতৰলৈ সোমাই যোৱাৰ খন্তেক পাছতে আদহীয়া মহিলা এগৰাকী কোঠালিৰ ভিতৰলৈ সোমাই আহিল।

মহিলাজনী ভিতৰলৈ সোমাই আহি আতিথেয়তাৰ সুৰত ক'লে- ছন্দাই তোমাৰ কথা ক'লে। তুমি হেনো ছন্দাৰ কিবা এটা কামত সহায় কৰাৰ কাৰণে নিজে উপযাচি আগবাঢ়ি আহিছা । ভগবানে তোমাৰ মংগল কৰক, বোপা। এইদৰে কৈ মহিলাজনী ছোফা এখনত বহিল।

বহাৰপৰা উঠি অৰ্ণৱে মহিলাজনীৰ ভৰি চুই প্রণাম কৰিলে ৷

অৰ্ণৱৰ ব্যৱহাৰত মহিলাজনী বিগলিত হৈ উঠিল। তাই হিয়া উবুৰিয়াই আশীৰ্বাদ দিলে- দীৰ্ঘজীৱী হোৱা, বোপা। ভগবানে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক। এইদৰে আশীৰ্বাদ দি তাই খন্তেক ৰৈ কলে- তোমাৰ দৰে সহজ-সৰল ল'ৰা আজি-কালি পাবলৈয়ে নোহোৱা হ'ল।

নিজৰ প্ৰশংসা শুনি অৰ্ণৱৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'ল। সি সেমেনা-সেমেনি কৰি ক'লে- আশীৰ্বাদ কৰিব, চিৰদিন যাতে এইদৰে সহজ-সৰল হৈয়ে থাকিব পাৰো ।

মাহিলাজনীয়ে উপদেশৰ সুৰত ক'লে- সৎকৰ্মত মতি থাকিলে ভগবানে চিৰদিন ৰক্ষা কৰিব। পিতৃ-মাতৃৰ হাক বচন মানি চলিলে, ভগবানে কেতিয়াও শোকত নেপেলায়। ভগবানে মোক ল'ৰা নিদিলে। দিলে মাথোন এজনী ছোৱালী। এটি ল'ৰাৰ কাৰণে বৰ হেপাহ আছিল। কিন্তু কি কৰিবা। দাতাই নিদিলে পাবা কত। সকলো সৌ অদৃশ্যজনৰ ইচ্ছা।

এনেতে ছন্দা চাহৰ ট্ৰেলৈ সোমাই আহিল। তাই চাহৰ ট্ৰে মেজৰ ওপৰত থৈ কলে- মাৰ লগত পৰিচয় হ'ল জানো? মই আপোনাৰ বহু সময় নষ্ট কৰিলো ।

আচলতে অৰ্ণৱ ওলাই অহাৰ কাৰণে অধৈৰ্য হৈ উঠিছিল। তথাপি সি ভদ্ৰতাৰ খাতিৰত ক'লে- নাই নাই, একো অসুবিধা হোৱা নাই। মাহীৰ লগত কথা পাতি ভালেই লাগিল । সি খোৱা বস্তুৰ প্ৰতি লক্ষ্য কৰি ক'লে- বাপৰে ইমান বস্তু ! মই ইমান খাম নোৱৰিম। সামান্য একাপ চাহ হ'লেই হ'লহেঁতেন।

ছন্দাৰ মাকে মাতৃসূলভ স্নেহ বিজড়িত কণ্ঠত ক'লে- খোৱা বোপা। একোনহয়। সামান্য বস্তুহে। খাব পাৰিবা ।

অর্ণৱে লুচি এটা মুখত দিলে। এনেতে ছন্দাৰ মাকে যন্ত্রণাকাতৰ কণ্ঠত কলে- বাতৰ বিষটো পুনৰ উক দি উঠিল। ম‍ই যাওঁ, বোপা। মাজে-সময়ে আহি থাকিবা ।

ছন্দাৰ মাক ছোফাত ভৰ দি উঠি থিয় হ'ল। ছন্দাই মাকক ধৰি দুৱাৰ পাৰ কৰি দি আহি ক'লে- আয়ে বাতৰ বিষত বৰ কষ্ট পাই আছে । চিকিৎসাপাতিও ভালেখিনি কৰোৱা হ'ল। ভেলোৰলৈকো নিয়া হৈছিল; কিন্তু কাম হোৱা নাই ।

অর্ণৱে লুচি চোবাই চোবাই ক'লে- আমাৰ অসমীয়া মানুহৰ কাৰণে বাতৰ বিষেই বৃদ্ধ বয়সৰ সম্বল। পাৰিলে যোগাসন কৰিবলৈ ক'ব ।

ছন্দাই অভিযোগৰ সুৰত ক'লে- মই বহু চেষ্টা কৰিছো যোগাসন কৰোৱাৰ বাবে, কিন্তু কোনোমতে অভ্যাস কৰোৱাব নোৱাৰিলো।

অৰ্ণৱৰ চাহ খোৱা শেষ হ'ল। সি বহাৰ পৰা উঠি ক'লে- বাৰু, এতিয়া যাও ৷ আপুনি চিন্তা নকৰিব । আপোনাৰ কাৰণে নিশ্চয় কিবা এটা কৰিম ৷

ছন্দাৰ পৰা বিদায় লৈ অৰ্ণৱ অটৰ ওচৰলৈ আহিল । ছন্দা তাৰ পিছে পিছে আহি গেট খুলি দি একাষৰীয়া হৈ থিয় হল। অর্ণৱে অটষ্টাৰ্ট দি গেট পাৰ হৈ অটলৈ ৰাস্তাত উঠিল।

ৰাস্তালৈ আহি অর্ণৱে মূৰটো উলিয়াই হাত জোকাৰি ছন্দাক বিদায় সম্ভাষণ জনালে। ছন্দাই হাত জোকাৰি তাক প্ৰতি সম্ভাষণ জনাই গেট বন্ধ কৰি ভিতৰলৈ সোমাই গ'ল ৷

অর্ণৱে অট' ষ্টাৰ্ট দি সন্মুখৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। এনেতে সি এহাল ডেকা-গাভৰুক নিবিড়ভাবে কথা পাতি তাৰ ফালে আহি থকা দেখিলেসিহঁত তাৰ অট'ত যাব পাৰে বুলি ভাবি সি তাতে ৰৈ থাকিল। কিন্তু সিহঁত তাৰ অট'ৰ পৰা কিছু আঁতৰত থাকোঁতেই ডেকাজনে গাভৰুজনীক সাৱটি ধৰি চুমা খালে । গাভৰুজনীয়ে ডেকাজনক ঠেলা মাৰি দি দ্রুত অট'ৰ ফালে খোজ ল'লে। ডেকাজন তাতে ৰৈ থাকিল ৷ ডেকাজনক সি ক'ৰবাত যেন দেখিছে এনেকুৱা অনুমান হ'ল তাৰ । কিন্তু ক'ত দেখিছে, ত দেখিছে! সি মনত পেলাবলৈ চেষ্টা চলালে।

এনেতে গাভৰুজনী আহি তাৰ কাষ পালেহি। গাভৰুজনীৰ চকুত ভীৰু চঞ্চল দৃষ্টি। বয়স বিছ বাইছ। দীর্ঘাংগী লাৱণ্যময়ী। উচ্ছ্বাস উল্লাসত তৰংগায়িত চঞ্চল গতি। তাই অৰ্ণৱৰ কাষ পোৱাৰ লগে লগে প্ৰসাধনৰ উৎকট গোন্ধ তাৰ নাকত লাগিল ৷ তাৰ কাষেদি যাওঁতে তাই মিচিকিয়া হাঁহি মাৰি গ'ল। তাই ছন্দাহঁতৰ গেট খুলি ভিতৰলৈ সোমাই গ'ল। অর্ণৱে ভাবিলে, এই ছোৱালীজনীয়ে সম্ভৱতঃ ছন্দাৰ ভনীয়েক এলিনা। লগে লগে তাৰ ডেকাজনৰ কথা মনত পৰি গ'ল। প্ৰদীপ দত্ত। চাৰিদিন আগত জয়শ্ৰীয়ে অৰ্ণৱৰ লগত পৰিচয় কৰাই দিছিল। এলিনা গেটৰ ভিতৰলৈ সোমাই গ'ল আৰু প্ৰদীপ দত্ত অহাবাটেৰে উভতি গ'ল। অর্ণৱে লাখটকীয়ালৈ বুলি অট' চলাই দিলে।*

                                      তেৰ

কিছুদূৰ অহাৰ পাছতে এজন আদহীয়া মানুহ অট'ত উঠিল। মানুহজন ওখ-পাখ। বিশাল স্কন্দ । আঁৰি মাছৰ দৰে বহল বুকু । কেঁচা-পাকা চুলি। চকলেট ৰঙৰ পেণ্ট-চাৰ্ট পৰিহিত। বৃদ্ধ হ'লেও চকুৰ দৃষ্টি উজ্জ্বল। বয়সৰ তুলনাত মানুহজন অধিক তজ্‌জীয়া। হাতত এটাচি। মানুহজনে এটাচিটো ডিকিত থৈ ছিগাৰেট জ্বলালে।

অর্ণৱে অটচলাই দিলে। তাৰ দৃষ্টি সন্মুখৰ ফালে প্ৰসাৰিত যদিও প্ৰকৃতাৰ্থত তাৰ দৃষ্টি থাকিল মূৰৰ ওপৰত থকা ভিওৱাৰ গ্লাছখনৰ ওপৰত ৷ কিছুদূৰ অহাৰ পাছতে তাৰ এই আচৰণ মানুহৰ চকুত ধৰা পৰিল৷ মানুহজনে কৌতূহলী দৃষ্টিত গ্লাছখনৰ ফালে চালে৷ ফলত চাৰি চকুৰ মিলন হ'ল। মানুহজনৰ চকুত কৌতূহলী দৃষ্টি দেখি অর্ণৱে উপলব্ধি কৰিলে যে, তাৰ চতুৰালি মানুহজনৰ চকুত ধৰা পৰিছে। ফলত তাৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। বুকুখন কমাৰৰ হাফৰৰ দৰে ঢঢপাবলৈ ধৰিলে। লগে লগে সি দৃষ্টি ঘূৰাই সন্মুখৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি অটৰ গতি বঢ়াই দিলে।

তাৰ উপলব্ধি হ'ল যে, এই মানুহজনেই হয়তো তাৰ দুৰ্বলতাৰ সুযোগ লৈ বস্তুবোৰ লৈ যাব। এনেকুৱা ভাব মনলৈ অহাৰ লগে লগে তাৰ মুখমণ্ডল ভয়ত অধিক বিবৰ্ণ হৈ উঠিল। পৰৱৰ্ত্তী পৰ্যায়ত সি কেবাবাৰো গ্লাছখনৰ ফালে চোৱাৰ কথা ভাবিলে; কিন্তু চোৱাৰ সাহস গোটাব নোৱাৰিলে৷ কাৰণ ভয় নামৰ ৰাহুটোৱে ইতিমধ্যে তাক গ্ৰাস কৰি পেলাইছিল। গতিকে সি গ্লাছখনৰ ফালে পুনৰ চোৱাৰ চেষ্টা নকৰিলে ৷

হোটেল এখনৰ সন্মুখত মানুহজনে অট' ৰখাবলৈ নিৰ্দ্দেশ দিলে। মানুহজনৰ নিৰ্দ্দেশ অনুসৰি অর্ণৱে অট' ৰাখি দিলে। মানুহজন অটৰ পৰা নামি ৰহস্যপূৰ্ণ হাঁহি মাৰি বুক পকেটৰ পৰা টকা উলিয়াই অৰ্ণৱৰ ফালে আগবঢ়ালে। অর্ণৱে টকাকেইটা হাতত লৈ মানুহজনৰ ফালে পর্যবেক্ষণৰ দৃষ্টিত চালে । মানুহজনক কুঠাৰ এখনৰ দৰে ভয়ংকৰ ধাৰণা হ'ল তাৰ । মানুহজনৰ স্বাভাৱিক হাঁহিও যেন অৰ্ণৱৰ চকুত অস্বাভাৱিক হৈ ধৰা দিলে ।

মানুহজনে এটাচিটো লৈ বুকু ফিনাই এক বিশেষ ভংগিমাত হোটেলৰ ভিতৰলৈ সোমাই গ'ল। অৰ্ণৱ বিমূঢ়ৰ দৰে চাই থাকিল মানুহজনৰ অপসৃয়মাণ দেহৰ ফালে। কি সাংঘাতিক মানুহ! দিন দুপৰতে ডকাইত কৰি গুচি গ'ল অথচ সি একো কৰিব নোৱাৰিলে ! সি পিছফালে ঘূৰি ডিকিৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। পিচবোর্ডৰ বাহিৰে একো তাৰ চকুত নপৰিল । পিচবোর্ডখনো যথাস্থানত নাই। জোচেফে য'ত থৈছিল তাৰ পৰা অকনমান সোঁফাললৈ আঁতৰি আছে। সি উঠি গৈ মোনাটো চোৱাৰ কথা ভবাৰ লগে লগে তাৰ বুকুখন চিৰিংকৈ উঠিল। যদি মানুহজনে ক'ৰবাত খাপপাতি ৰৈ লুকাই-চুৰকৈ তাৰ ফালেই চাই আছে, তেনেহ'ল ! সি অটৰ পৰা ওলোৱাৰ লগে লগে যদি গুলীয়াই দিয়ে? প্রচণ্ড ভয়ত তাৰ শৰীৰ অৱশ হৈ পৰিল। লগে লগে সি অট' চলাই দিলে।

কিছুদূৰ অহাৰ পাছতে সি বিপাশাক ফুটপাথত থিয় দি থকা দেখিলে। তাই বগলিৰ দৰে ডিঙি মেলি উৎকণ্ঠিতভাবে ৰাস্তাৰ ফালে চাই আছিল। বিপাশাক দেখি যেন সি কিছু প্রকৃতিস্থ হ'ল। তাৰ মনৰ পৰা আতংকিত ভাব বহু পৰিমাণে আঁতৰি গ'ল ৷ বিপাশাৰ কাষলৈ আহি অটৰাখি দি সি মূৰটো বাহিৰলৈ উলিয়াই সুধিলে- বাইদেউ, আপুনি?

বিপাশাই থতমত খাই অৰ্ণৱৰ ফালে চালে। শেষমুহূৰ্তত নিজক চম্ভালি কলে- অ আপুনি? ভালেই হ'ল আপোনাক লগ পাই। বতমান মই মুদৈহঁতৰ ঘৰতে আছো। বৃন্দাবনে যাবলৈ দিয়া নাই। ম‍ই গ'লে সিও হেনো ঘৰখনৰ পৰা পলাবফলত অনিচ্ছাসত্ত্বেও তাতে ৰৈ আছো। আপোনাৰ খা-খবৰ কওঁক?

অর্ণৱে ম্লান হাঁহি মাৰি ক'লে- চলি আছো কোনোমতে। আপুনি ইয়াত কি কৰিছে?

বজাৰ কৰিবলৈ ওলাই আহিছিলো। বিপাশাই ক'লে- বৃন্দাবনো আহিছিল মোৰ লগত। তাৰ হাততে বজাৰ পঠিয়াই দিলো। মূৰৰ ঘাঁডোখৰ এতিয়ালৈকে ভালদৰে শুকোৱা নাই। মেডিকেল লৈ যাম। অটৰ কাৰণে বাট চাই আছো। আপোনাক লগ পাই ভালেই হ'ল । আপুনি মেডিকেললৈ যাব নেকি?

অর্ণৱে উচ্ছ্বসিত কণ্ঠত কলে- নিশ্চয় যাম। উঠক।

কাল বিলম্ব নকৰি বিপাশা অট'ত উঠি বহিল।

অর্ণৱে মূৰৰ ওপৰৰ গ্লাছত দৃষ্টি বুলালে। বিপাশাই ভেনিটি বেগৰ পৰা এটুকুৰা কাগজ উলিয়াই কিবা-কিবি চাই থকা দেখিলে। তাইৰ চকু-মুখত উৎকণ্ঠা। কপালত চিন্তাৰ ৰেখা ৷

অর্ণৱে ক'লে- কি ভাবি আছে?

প্রশ্নটো সোধাত যেন বিপাশা বিৰক্ত হ'ল। তাই স্বাভাৱিক হ'বলৈ চেষ্টা কৰি ক'লে- নহয়তো। মই দেখোন ঠিকেই আছো। আপুনি নিজেই হয়তো কিবা চিন্তা কৰি আছে, সেয়ে মোক চিন্তিত যেন লাগিছে ।

অর্ণৱে লাজ পালে। বিপাশাই আচলতে ঠিকেই কৈছে। আচলতে সি নিজেই চিন্তিত। সি হয়তো তাৰ নিজৰ অৱস্থাৰে প্ৰতিফলিত ৰূপ দেখা পাইছে বিপাশাৰ মুখমণ্ডলত। সেয়ে সি বেলেগ প্ৰসংগ উত্থাপন কৰিলে- মাণিক মুদৈ ঘৰত নাই নেকি ?

নাই, মিছেছ মুদৈৰ মৃত্যুৰ পাছত সি প্ৰায় ঘৰত নাথাকেই। বিপাশাই ক'লে- দিনৰ দিনটো বাহিৰতে কটায়। অদ্ভুত এক ধৰণৰ উৎসৱ মত্ততা গা কৰি উঠিছে তাৰ আচৰণত ৷ নতুন নতুন বন্ধু-বান্ধৱ লৈ প্ৰতিদিন বটলে বটলে মদৰ শ্ৰাদ্ধ কৰিছে। কিন্তু কোনো ধৰণৰ উদ্ভণ্ডালি নকৰে। নিচাত বিভোৰ হৈ সি যেন সদায় কিবা ভাবি থাকে।

ছন্দা বৰ্মনক হেৰুৱাৰ ক্ষোভতে হয়তো তাৰ এই পৰিৱৰ্তন! ভাবিলে অর্ণৱে৷ ইফালে বহু টকাও লোকচান হৈছে ছন্দাৰ কাৰণে ৷ মিছেছ মুদৈৰ হত্যাৰ কেছতো পুলিচে তাৰ ওপৰত সন্দেহ কৰি আছে৷ লগতে আছে জোচেফৰ ভয়এইবোৰ দুঃচিন্তাৰ পৰা সকাহ পোৱাৰ কাৰণেই হয়তো সি মদৰ আশ্ৰয় লৈছে। মানুহক যেতিয়া নিজৰ সৃষ্ট বিপদে চৌদিশৰ পৰা আগুৰি ধৰে তেতিয়া সেইবোৰ পাহৰি থকাৰ কাৰণে মদৰ আশ্ৰয় লৈ নিজক পাহৰি থাকিবলৈ চেষ্টা কৰে ৷

অর্ণৱে মন্তব্য কৰিলে- মিছেছ মুদৈৰ অপঘাত মৃত্যুত হয়তো সি মনত আঘাত পাইছে, যাৰ বাবে সি মদৰ আশ্ৰয় লৈ স্মৃতিবোৰ পাহৰি থাকিবলৈ যত্ন কৰি আছে।

বিপাশা হঠাৎ চিঞৰি উঠিল- হালৈ, ইয়াতে অট' ৰখাই দিয়ক । ম‍ই ইয়াতে নামিম।

বিপাশাৰ আকস্মিক আহ্বানত অর্ণৱে ব্ৰেক মাৰি পিছফালে ঘূৰি চাই ক'লে- কি হ'? কিবা অসুবিধা হ'ল নেকি?

নাই নাই, অসুবিধা নহয়মই ইয়াতে নামিম। বহুদিনৰ পৰা মই মানুহ এজনক লগ ধৰাৰ কাৰণে চেষ্টা কৰি আছো; কিন্তু লগ ধৰিব পৰা নাই। এইমাত্ৰ ম‍ই বিচৰা মানুহজনক সৌ দোকানখনৰ সন্মুখত দেখা পালো। বিপাশাই শেষৰ কথাফাকি বিশেষ দোকান এখনৰ ফালে আঙুলিয়াই কলে।

বাৰু, আপুনি যাওঁক । মই আপোনাৰ কাৰণে ইয়াতে অপেক্ষা কৰি থাকো ।

নাই নাই, নালাগেআপুনি যাওঁক। মই চিটি বাছতে যাম, বাৰু

বিপাশা অট'ৰপৰা নামি অৰ্ণৱৰ উত্তৰলৈ অপেক্ষা নকৰি পঞ্চাছ টকীয়া নোট এখন অৰ্ণৱৰ ফালে আগবঢ়াই ক'লে- ভাড়া লওঁক ।

নাই নাই, ভাড়া নালাগে। আপুনি যাওঁক। পলম কৰিলে হয়তো মানুহজন গুচিও যাব পাৰে।

বিপাশাই নোটখন ভেনিটি বেগত ভৰাই উত্তেজিতভাবে দোকানখনৰ ফালে ক্ষিপ্ৰ গতিত আগুৱাই গ'ল ৷

অৰ্ণৱ অট'ৰ পৰা নামি কেউফালে সন্ধানী দৃষ্টিৰে চাই পঠিয়ালে। কোনো সন্দেহজনক মানুহ তাৰ চকুত নপৰিল। কোনেও তাক লক্ষ্য কৰিও থকা নাই। সি পাছফালৰ ছিটলৈ গৈ পিচবোর্ড দাঙি উচ্চচাপ খাই উঠিল। মোনাটো নাই। কোনে নিলে মোনাটো? সেই আদহীয়া মানুহজনেই নিশ্চয় ৷ তাৰ মূৰটো গৰম হৈ উঠিল। উভ্ৰান্তৰ দৰে সি ডিকিত খেপিয়াবলৈ ধৰিলে। মোনাৰ ঠাইত সি ডিকিত এটুকুৰা টাইপ কৰা কাগজ পালে ৷ সি কাগজ টুকুৰাত চকু ফুৰালে। তাত লিখা আছিল-

বস্তুবোৰ লৈ গ'লো৷ এতিয়া বস্তুবোৰ পৰীক্ষা কৰি আচল হ'লে দুই এদিনৰ ভিতৰত কেছেটবোৰ ওভতাই দিয়া হ'ব। কিন্তু যদি বস্তুবোৰ নকল হয়, কেছেটৰ ঠাইত বেলেগ নিৰ্দ্দেশ পাব । ইতি-

নকল মানে? জোচেফে কোৱামতে সি সোণবোৰ সোণাৰিৰ তাত নি পৰীক্ষা কৰাইছে। সোণাৰিয়ে সোণবোৰ আচল বুলিয়ে সমিধান দিছে। এতিয়া নকল হব কেনেকৈ? সিহঁতে নকল হ'ব পাৰে বুলি ভাবিলে কিয়? তাৰ মানে জোচেফে নকল সোণ দিয়া নাইতো ! কাৰণ যোৱা নিশালৈকে সোণবোৰ তাৰ ওচৰতে আছিল। যদি সিহঁতে ভবামতে সোণবোৰ সঁচাকৈয়ে নকল হয়, তেনেহ'লে কি হ'? যদি সঁচাকৈয়ে নকল সোণ দিছে, তেনেহ'লে আচল সোণ দিয়াৰ কাৰণে জোচেক হেঁচা প্ৰয়োগ কৰিব লাগিব। কাৰণ সোণবোৰৰ ওপৰতে ছন্দাৰ জীৱন-মৰণ নিৰ্ভৰ কৰিছে। সি এতিয়াই গৈ জোচেফক কথাটো ক'ব লাগিব। এইদৰে সিদ্ধান্ত লৈ সি অট' ষ্টার্ট দিলে।

সি হোটেল ফৰচুন অভিমুখে অটঘূৰাই চলাই দিলে। কিন্তু এনেতে সি দেখিলে, বিপাশা পল্টন বজাৰ অভিমুখী বাছত উঠি আছে। ডাঙৰ এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিল অৰ্ণৱ । তাই মেডিকেললৈ নগৈ পল্টন বজাৰ অভিমুখী বাছত উঠাৰ কাৰণ কি? বিপাশা নামি গ'ল আৰু মোনাটো নোহোৱা হ'ল। ৰহস্য কি? নিজৰ গালতে চৰিয়াই দিবলৈ মন গ'ল অৰ্ণৱৰ। সেই আদহীয়া মানুহজন নামি যোৱাৰ পাছত সি কিয় মোনাটো যথাস্থানত আছে, নে নাই পৰীক্ষা কৰি নাচালে ! চালে এইদৰে ৰহস্যৰ আৱৰ্তত সোমাই পৰিব লগা নহ'লহেঁতেন! সি কি মূৰ্খ! বস্তুবোৰ সেই আদহীয়া মানুহজনৰ পৰিৱৰ্তে বিপাশাই লোৱা নাইতো? কিন্তু বিপাশাই বস্তুবোৰৰ সন্ধান পাব ক'ৰপৰা ? তাৰ হঠাৎ মাণিক মুদৈৰ কথা মনত পৰি গ'ল। মাণিক মুদৈ যিহে ধুৰন্ধৰ মানুহ! সিয়ে কেনেবাকৈ কথাটো গম পাই বিপাশাক বস্তুবোৰ নিবলৈ পঠোৱা নাছিলতো? ভাবিলে অর্ণৱে।

সি চিটিবাছখন অনুসৰণ কৰাৰ সিদ্ধান্ত ল'লে। বাছখন পাণ বজাৰৰ উৰুণীয়া সেতু পাৰ হোৱাৰ পাছত বিপাশা বাছৰ পৰা নামি চানমাৰি অভিমুখী বাছত উঠিলে। অর্ণৱে চিটিবাছৰ পিছে পিছে অট' চলাই দিলে। বাছখনৰ পিছে পিছে আহি অৰ্ণৱ গণেশগুৰি পালেহি।

বিপাশা গণেশ গুৰিত নামি কাহিলী পাৰা অভিমুখী অট' এখনত উঠিল। অর্ণৱে অটখনৰ পিছে পিছে যাবলৈ ধৰিলে। অটখন দক্ষিণ গাঁও অভিমুখে ঘূৰাৰ পাছত বিপাশা অট'ৰপৰা নামি কাগজ টুকুৰাত চকু ফুৰাই লুঙলুঙীয়া পথেৰে পাহাৰ বগাই উঠি যাবলৈ ধৰিলে। অর্ণৱে ততাতৈয়াকৈ অটখন এখন দোকানৰ সন্মুখত থৈ বিপাশাৰ পিছে পিছে খোজ ল'লে।

পাহাৰৰ ওপৰলৈ কিছুদূৰ উঠাৰ পাছত বিপাশাই এটা কেঁকুৰি ঘূৰি পিছফালে ঘূৰি চালে। টকলা পাহাৰ। গছ-গছনি প্রায় নাই বুলিলেই হয়। সৰু সৰু জোপোহানিৰ মাজে মাজে অকোৱা পকোৱা পথ। তাইৰ শৰীৰৰ তিনিভাগৰ এভাগ জোপোহানিৰ ওপৰেৰে ওলাই আছিল । গতিকে অর্ণৱে তাইক স্পষ্টভাবে দেখিলে। কিন্তু বিপাশাই অৰ্ণৱক নেদেখিলে।

অৰ্ণৱ অটচালক। চহৰৰ প্ৰতিটো অলি-গলি তাৰ নখদর্পণত। কিন্তু এই পাহাৰীয়া বাট তাৰ কাৰণে আচহুৱা। দুফালে সৰু সৰু বনৰীয়া গছ-লতা জোপোহানিক আলিংগন কৰি থিয় দি আছে। তাৰ মাজে মাজে দুই এটা বনৰীয়া ফুলৰ গছো চকুত পৰিল তাৰ। গছ-লতাৰ পৰা আচহুৱা তীব্ৰ গোন্ধ বতাহত ভাহি আছিল। অর্ণৱে বতাহত শুঙি শুঙি সেই তীব্ৰ সুবাস বুকু ভৰি উপভোগ কৰিবলৈ ধৰিলে। মিঠা স্নিগ্ধ সুবাসৰ আমেজত দুখ-বেদনা-হতাশাৰ মাজতো তাৰ মন পুলকিত হৈ উঠিল

পাহাৰৰ ওপৰত বসতি স্থাপন হৈ আছে। সুবিধাজনক সমতল ঠাইত দুই এটাকৈ ঘৰ মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিছে। প্ৰায়বোৰ ঘৰেই টিনপাতৰ চালি ঘৰদুই এঠাইত দেৱাল দিয়াৰ কামো আৰম্ভ হৈছে। দুই এখন সৰু পকী ঘৰো জিলিকি আছে উকা কপালত সেন্দূৰৰ ফোটৰ দৰে। ঠাইডোখৰ চহৰৰ কোলাহলৰ পৰা সম্পূৰ্ণভাবে মুক্ত। চৰাই-চিৰিকতিৰ কিচিৰ-মিচিৰ শব্দৰ বাহিৰে বেলেগ শব্দ নাই। মৃত্যুৰ দৰে স্তব্ধ আৰু থম্‌থমীয়া পৰিৱেশ বিৰাজ কৰিছে চৌদিশে। মৰ্ত্তৰ লগত যেন ঠাইডোখৰৰ সম্পৰ্ক নাই। সম্পৰ্ক আছে আকাশৰ গভীৰ নীলাৰ লগত৷

অৰ্ণৱ ভাবত বিভোৰ হৈ পৰিল। ঠাইডোখৰৰ নিস্তব্ধতাই তাক ভাবুক কৰি তুলিলে । তাৰ ছন্দালৈ মনত পৰিল। এই পৰিৱেশত ছন্দা তাৰ লগত থাকিলে কিমান যে ভাল লাগিলহেঁতেন! কিছুদূৰ উঠাৰ পাছত অর্ণৱে এবাৰ তললৈ চাই পঠিয়ালেপিচ দিয়া ৰাস্তা কলা সাপৰ দৰে শুই থকা যেন অনুমান হ'ল তাৰদুই চাৰিজন মানুহ তাৰ ওপৰেৰে অহা-যোৱা কৰি আছে। গাড়ী মটৰবোৰ দিয়াচলাইৰ বাকচৰ দৰে দেখা গৈছে। তাৰ মানে সিহঁত বহু ওপৰলৈ উঠিছে। এক নিৰ্দ্দিষ্ট দূৰত্বত অৱস্থান লৈ সি বিপাশাক অনুসৰণ কৰিবলৈ ধৰিলে।

বিপাশা এটি পকী ঘৰৰ সন্মুখত ৰৈ গ'ল। বিপাশাক ৰৈ যোৱা দেখি অর্ণৱো ৰৈ গ'ল। বিপাশাই বেগৰপৰা এটুকুৰা কাগজ উলিয়াই কিবা চালে ৷ কাগজ টুকুৰাত সম্ভৱতঃ বাটৰ নিৰ্দ্দেশ দিয়া আছিল। সেয়ে তাই বাৰে বাৰে কাগজ টুকুৰাত চকু ফুৰাই গৈ আছিল । তাই কাগজ টুকুৰাত চকু ফুৰাই সন্ধানী দৃষ্টিত কেউফালে চালে। ঘৰটোৰ সোঁকাষেদি কেঁকুৰি ঘূৰি বাটটো তললৈ নামি গৈছেবিপাশাই কাগজ টুকুৰা হাত মুঠিত লৈ তললৈ নামি যাবলৈ ধৰিলে । তাইৰ কাষেদি বিহাৰী মানুহ এজন পাৰ হৈ আহিল ৷ তাইৰ এই অভিসাৰক ভাল দৃষ্টিত ল'ব নোৱাৰি মানুহজনে অৰ্ণৱৰ কাষেদি যাওঁতে ভোঁৰভোৰাই গ'ল। অৰ্ণৱৰ ফালে সি কেৰাহিকৈ চায়ো গ'ল৷ মানুহজনৰ দৃষ্টি হাজাৰটা বেজিৰ খোঁচৰ দৰে অৰ্ণৱৰ গাত বিন্ধিল। কিন্তু সি মুখেৰে কোনো প্রতিবাদ নকৰিলে ৷ প্ৰতিবাদ কৰাৰ মানসিকতাও তেতিয়া তাৰ নাছিল।

তল লৈ নমাৰ পাছত বিপাশা কিছু সময়ৰ কাৰণে অৰ্ণৱৰ চকুৰ পৰা অদৃশ্য হৈ পৰিল। সি পকী ঘৰটোৰ কাষেৰে ভেকুলীৰ দৰে জঁপিয়াই জঁপিয়াই তল লৈ নামি যাবলৈ ধৰিলে। বিপাশা পুনৰ তাৰ দৃষ্টিগোচৰ হ'ল । পাছমুহূৰ্ততে বিপাশা কেঁকুৰি এটা ঘূৰিল। তাই পুনৰ অৰ্ণৱৰ চকুৰ পৰা অদৃশ্য হৈ পৰিল । কেঁকুৰিটো ঘূৰাৰ লগে লগে সি তাইক এটি ঘৰৰ সন্মুখত থিয় দি থকা দেখিলে। ঘৰটো সৰু। পকীঘৰ।

ঘৰৰ দুৱাৰ মেলখোৱা। খোলা দুৱাৰত অৰ্ণৱৰ ফালে মুখ কৰি ডেকা এজন থিয় দি আছিল। ডেকাজনৰ বয়স পঁচিছ ছাব্বিছ। পিন্ধনত জিন্সৰ নীলা পেণ্ট। মুখত এমোকোৰা হাঁহি। ডেকাজনে বিপাশাক উদ্দেশ্য কৰি কিবা-কিবি ক'লেকি ক'লে অর্ণৱে শুনিব নোৱাৰিলে । শুনা সম্ভৱো নাছিল। কাৰণ সিহঁত অৰ্ণৱৰ পৰা ভালেখিনি আঁতৰত আছিল। ডেকাজন একাষৰীয়া হৈ থিয় হ'ল। লগে লগে বিপাশা ঘৰৰ ভিতৰলৈ সোমাই গ'

অৰ্ণৱৰ শৰীৰ ভয় আৰু উত্তেজনাত থৰৰ্থৰকৈ কঁপিবলৈ ধৰিলে। পৰিস্থিতিৰ গুৰুত্ব লৈ লক্ষ্য কৰি সি তাৰ উপস্থিতিৰ কথা গোপন কৰাৰ সিদ্ধান্ত ল'লে। সি তৎক্ষণাৎ ঘৰটো যাতে চকুত পৰে তেনেকুৱা এটি জোপোহানিৰ আঁৰলৈ লুকাই পৰিল

জোপোহানিৰ আঁৰৰ পৰা সি ডেকাজনক বিশেষ ভংগীত দুই হাত কঁকালত স্থাপন কৰি পদচালনা কৰি থকা দেখিলে। ঘৰৰ মেল খোৱা দুৱাৰখন ৰাক্ষসৰ মুখৰ দৰে অনুমান হ'ল অৰ্ণৱৰ । তাক গিলিবৰ কাৰণে যেন ৰাক্ষস এটা হা কৰি ৰৈ আছে। মুখৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ লগে লগেই যেন তাক মৃত্যুৰ হিম শীতল স্পৰ্শই গ্ৰাস কৰি পেলাব। সি ঠঠকৈ কঁপিবলৈ ধৰিলে ।

খন্তেক পাছতে বাহিৰত ৰৈ থকা ডেকাজন কাৰোবাৰ আহ্বানক্রমে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ডেকাজন সোমাই যোৱাৰ খন্তেক পাছতে দুৱাৰখন বন্ধ হৈ গ'ল। অৰ্ণৱ সজাগ হৈ উঠিল। কি হৈ আছে ঘৰৰ ভিতৰত? কোনো সাৰসুৰ নাই। নীৰৱ নিস্তব্ধ। ঠাইডোখৰত যেন নিশাৰ ভয়াল নিস্তব্ধতা বিৰাজ কৰি আছিল।

কাণ পোনাই অর্ণৱে ঘৰৰ অভ্যন্তৰত কি ঘটি আছে সেয়া অনুমান কৰিবলৈ চেষ্টা চলালে। কিন্তু সি ঘৰৰ অভ্যন্তৰত সংঘটিত হৈ থকা ঘটনাৰ কোনো তলা-নলা নাপালে। তাৰ চকুৰ আগত কিছুমান অপ্রিয় কাল্পনিক দৃশ্য ভাহি উঠিল। চকু মুদি সি সেই দৃশ্য মনৰপৰা জোকাৰি পেলাবলৈ চেষ্টা চলালে।

পাঁচ দহ মিনিটকৈ প্ৰায় বিছ মিনিট অতিবাহিত হ'ল। সময় বাগৰাৰ লগে লগে তাৰ দুঃশ্চিন্তা আৰু উৎকণ্ঠা বাঢ়িবলৈ ধৰিলে ৷ প্রায় পাঁচছ মিনিট পাছত ডেকাজন ওলাই আহিল। সি বাহিৰলৈ ওলাই আহি কেউফালে সন্ধানী দৃষ্টি বুলালে। সন্দেহজনক একো নেদেখি সি হাত বাউলি ঘৰৰ ভিতৰত ৰৈ থকা কাৰোবাক মাতিলে।

খন্তেক পাছতে এজন যুৱক ঘৰৰ ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিল । যুৱকজনক দেখি অর্ণৱে নিজৰ চকুহালকে বিশ্বাস কৰিবলৈ টান পালে। দৃষ্টিৰ ভ্ৰম হোৱা বুলি ভাবি সি দুহাতেৰে চকু মোহাৰি দৃষ্টি প্ৰসাৰিত কৰি যুৱকজনলৈ চালে। নাই নাই, সি ভ্রম দেখা নাই। ঠিকেই দেখিছে। সপোন নহয় ৰূঢ় বাস্তৱ। যুৱকজন আন কোনো নহয়। প্রদীপ দত্ত। লগে লগে এলিনাৰ মুখখন তাৰ চকুৰ আগত ভাহি উঠিল৷ এইজন প্রদীপ দত্তকে সিদিনা সি এলিনাৰ লগত আলিংগনৰত অৱস্থাত প্ৰত্যক্ষ কৰিছিল। হোটেল ফৰচনত জয়শ্ৰীয়ে ঢাক-ঢোল বজাই ব্যৱসায়ী বুলি তাৰ লগত পৰিচয় কৰাই দিছিল।

ব্যৱসায়ী প্ৰদীপ দত্ত! এয়ে নেকি তাৰ ব্যৱসায়? অর্ণৱে নিজকে নিজে প্রশ্ন কৰিলে।

প্রদীপ দত্ত ঘৰৰ ভিতৰৰ পৰা ওলাই দুৱাৰ জপাই দুৱাৰত তলা লগালে। তাৰ পাছত হেণ্ডবেগ এখন কান্ধত ওলোমাই ডেকাজনৰ সৈতে তাৰ ফালেই আহিবলৈ ধৰিলে। উশাহ-নিশাহ বন্ধ কৰি অৰ্ণৱ সিহঁতৰ ফালে চাই থাকিল। কোনো কথা-বতৰা নাই সিহঁতৰ মুখত। নীৰৱেই সিহঁত অৰ্ণৱৰ কাষেদি পাৰ হৈ গ'ল। অর্ণৱে স্বস্তিৰ নিশ্বাস পেলালে।

কিন্তু বিপাশা ! বিপাশাৰ কি হ'? তাইক ঘৰৰ ভিতৰত থৈয়ে তলাবন্ধ কৰিলে নেকি? নে সিহঁতে তাইক হত্যা কৰি পেলাই থৈ গ'? এইদৰে এশ এবুৰি প্ৰশ্নই একুৰিয়ামৰ মাছৰ দৰে তাৰ মনত তোলপাৰ লগালে। ইফালে বেলিও আহি মূৰৰ ওপৰ পাইছিলহি। কিন্তু অর্ণৱে জোপোহানিৰ আঁৰৰ পৰা ওলাই আহিবলৈ সাহস গোটাব নোৱাৰিলে। কাৰণ যদি আৰু মানুহ ৰৈ আছে ঘৰৰ ভিতৰত ? তেনেহ'লে সিহঁতে জানো তাক এনেয়ে এৰি দিব? তদুপৰি যদি প্ৰদীপ দত্তহঁতে ওচৰতে ক'ৰবাত ৰৈ তাৰ গতি-বিধি লক্ষ্য কৰি আছে? মৃত্যু ভয়ে তাক ভয়াতুৰ কৰি তুলিলে। ফলত প্রচণ্ড ভয়-উৎকণ্ঠাত তাৰ সৰ্বশৰীৰ যেন জঠৰ হৈ পৰিল৷

এইদৰে ভাবি ভাবি সি প্রায় পোন্ধৰ মিনিট সময় পাৰ কৰিলে। কিন্তু কতো কোনো ধৰণৰ মানুহৰ উপস্থিতি বা সন্দেহজনক একো দৃষ্টিগোচৰ নহ'ল ৷ কেউফালে নীৰৱ নিস্তব্ধ। গছৰ আঁৰত নহয়, সি যেন কোনোবা আদিম গুহাৰ অভ্যন্তৰত সোমাই আছে, এনেকুৱা উপলব্ধি হবলৈ ধৰিলে তাৰ। আৰু কিছু সময় এইদৰে অপেক্ষা কৰিলে সি যেন উশাহ-নিশাহ বন্ধ হৈ মৰিব, এনেকুৱা উপলব্ধি হ'ল তাৰ

এটা সময়ত তাৰ অপেক্ষা কৰাটো অসহ্য হৈ উঠিল। কাপুৰুষৰ দৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৰাতকৈ গুলী খাই মৰাই ভাল । এইদৰে ভাবি সাহস গোটাই সি জোপোহানিৰ আঁৰৰ পৰা ওলাই আহিল ৷ সি সন্তর্পণে ঘৰটোৰ ফালে আগবাঢ়িল । কোনো অঘটন নোহোৱাকৈয়ে সি আহি ঘৰটোৰ দুৱাৰত উপস্থিত হ'ল।

কাঠৰ দুৱাৰ৷ দুৱাৰত এটি দামী তলা ওলমি আছে। সি তলাটো লিৰিকি-বিদাৰি চালে। মজবুত তলা ৷ তলাটো ভঙা সম্ভৱ নহ'ব বুলি সি অনুমান কৰিলে। দুৱাৰত কাণ লগাই সি ভিতৰৰ অৱস্থা অনুমান কৰিবলৈ যত্নপৰ হ'ল। কিন্তু সম্ভৱ নহ'ল। কোনো শব্দ তাৰ কাণত নপৰিল৷ কিন্তু সি এষাৰ কথা অনুমান কৰিবলৈ সক্ষম হ'ল যে, ঘৰটোত যদি কোনো মানুহ আছে, একমাত্ৰ বিপাশাই আছে। তাইৰ বাহিৰে বেলেগ মানুহ নাই ঘৰটোত৷ তাই মৃতা, নে জীৱিতা সেয়া ঘৰৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ পাছতহে জানিব পৰা যাব। ফলত সি কিছু সাহসী হৈ উঠিল৷

সি দুৱাৰত টুকুৰিয়াই মাতিলে- কোন আছে ভিতৰত? মাত দিয়ক।

কোনো সঁহাৰি নাই । তিনি চাৰিবাৰ মান মাতাৰ পাছত ঘৰৰ ভিতৰত গোঁগোঁৱনিৰ শব্দ শুনা গ'ল। অর্থাৎ ঘৰৰ ভিতৰত মানুহ আছে আৰু তাৰ মুখত সোপা দি থোৱা আছে।

মাতি মাতি বৃথা সময় নষ্ট কৰাতকৈ তলাটো ভঙাৰ উদ্দেশ্যে সি পুনৰ তলাটো ভালদৰে নিৰীক্ষণ কৰিলে। সি ওচৰতে থকা ডাঙৰ এচটা শিল বুটলি আনি তলাটোত সজোৰে আঘাত কৰিলে। তিনিবাৰ আঘাত কৰাৰ পাছতেই তলাটো সুলকি গ'ল।

সি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। ঘৰটোত দুটা কোঠালি। বিশেষ কোনো বস্তু নাই। এখন মেজ, দুখন চকী আৰু এখন খাট। খাটটোত আঁঠুৱা তৰা। আঁঠুৱাৰ তলত যেন কোনোবা শুই আছে, এনেকুৱা অনুমান হ'ল তাৰ। সি খাটৰ ওচৰলৈ গৈ আঁঠুৱা দাঙিলে। আঁঠুৱাৰ তলত সি বিপাশাক মৃতৰ দৰে পৰি থকা প্ৰত্যক্ষ কৰিলে। তাইৰ হাত-ভৰি বন্ধা ৷ এখন ৰচীৰে খাটৰ লগতো বান্ধি থোৱা আছে। মুখত কাপোৰৰ সোপা। বিপাশাই অৰ্ণৱৰ উপস্থিতিৰ কথা গম পাই তাৰ ফালে কাতৰ দৃষ্টিত চালে।

অর্ণৱে ততাতৈয়াকৈ মুখৰ সোপা খুলি দিলে। সোপা খুলি দিয়াৰ লগে লগে তাই দীঘলকৈ উশাহ ল'লে। অর্ণৱে তাইক কোনো কথা ক'বলৈ সুযোগ নিদি অভিযোগৰ সুৰত ক'লে- আপুনি ইয়ালৈ আহিছে কিয়?

আপোনাক ম‍ই সকলো কথা ভাঙিপাতি কম। বিপশাই অনুৰোধৰ সুৰত ক'লে- আগতে মোৰ বান্ধবোৰ খুলি দিয়ক৷ মই সকলো কথা কম আপোনাক ।

অর্ণৱে বান্ধবোৰ খুলি দি ক'লে- এতিয়া কওঁক, আপুনি ইয়ালৈ অহাৰ কাৰণ কি ?

বিপাশাই উত্তেজিত আৰু বিপর্যস্ত কণ্ঠত কলে- সকলো ক', কিন্তু ইয়াত নহয় । আমি ইয়াৰ পৰা সোনকালে যাব লাগিব ৷ সিহঁত পুনৰ আহিব। সোণবোৰ পৰীক্ষা কৰাৰ কাৰণে গৈছে। সিহঁতৰ মনোভাব ভাল নহয়। এইবাৰ আহিলে সিহঁতে মোক হত্যাও কৰিব পাৰে !

অর্ণৱে যেন ভয়ংকৰ দুঃস্বপ্ন দেখি আছে, এনেকুৱা উপলব্ধি হ'ল তাৰ। কিন্তু হত্যাৰ কথা শুনি সি আতংকিত হৈ উঠিল। সি নিজকে চম্ভালি কলে- আপুনি ইয়ালৈ কিয় আহিছে? সিহঁতক আপুনি আগৰে পৰা চিনি পায় নেকি?

বিপাশাই সন্মতিসূচক মূৰ দুপিয়াই ক'লে- পাও । ভালদৰেই চিনি পাওঁ। বহুদিনৰ চিনাকি। ইয়ালৈ ম‍ই বৰ বিপদত পৰি আহিছো ৷ আজি ৰাতিপুৱা লেটাৰ বক্স খুলি সৰু চিঠি এখন পাইছিলো। খামৰ ওপৰত মোৰ নাম ঠিকনা লিখা দেখি মই কৌতূহলী হৈ উঠিলো । কি কথা, কি বতৰা, কোনে মোৰ নামত চিঠি দিলে। মোৰ নামত চিঠি দিবলৈতো কোনো মানুহ নাই! মই খাম খুলি চিঠিখন পঢ়িবলৈ ধৰিলো-

বিপাশা! যদি জীয়াই থাকিব খুজিছা, চিঠিত দিয়া নিৰ্দ্দেশ অনুসৰি কাম কৰা। অৰ্ণৱৰ অট'ৰ ডিকিত পিচবোর্ডৰ তলত এটি কলা মোনা পাবা। মোনাটো তাৰ পৰা উদ্ধাৰ কৰি চিঠিৰ তলত উল্লেখ কৰা নিৰ্দিষ্ট স্থানলৈ লৈ আহিবা। কামটো কৰিলে পুৰস্কাৰ পাবা আৰু চালাকি কৰিলে তোমাক মৃত্যুদণ্ড বিহা হ'ব। কথাটো যদি কাৰো আগত প্ৰকাশ কৰা তেনেহ'লে ভগবানেও তোমাক আমাৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। তোমাৰ অৱস্থাও মৃদুলা মুদৈৰ দৰে হ'ব। ইতি-

                                          -তোমাৰ হিতাকাংক্ষী

চিঠিৰ তলত বাটৰ নিৰ্দ্দেশনা দিয়া আছিল। চিঠিখন পঢ়ি মই সন্ত্ৰস্ত হৈ উঠিলো। মিছেছ মুদৈৰ মৃতদেহটো মোৰ চকুৰ আগত ভাহি উঠিল। মৃত্যুৰ কথা ভাবি মই শিয়ঁৰি উঠিলো। বহু চিন্তা-ভাৱনাৰ অন্তত ম‍ই চিঠিত দিয়া নির্দেশনা অনুসৰি কাম কৰিবলৈ সিদ্ধান্ত ল'লো ।

অর্ণৱে উপদেশৰ সুৰত ক'লে- আপুনি কথাটো পুলিচক অৱগত কৰিব লাগিছিল। এনেকৈ অহাটো আপোনাৰ নিতান্তই ভুল হৈছে।

জীৱনৰ মায়াই মোক ভয়াতুৰ কৰি তুলিছিল। বিপাশাই ক'লে ৷

অথচ সিহঁতৰ নিৰ্দ্দেশ মতে কাম কৰিবলৈ গৈ আপুনি সেই জীৱনটোকে হেৰুৱাব খুজিছিল। দুষ্ট মানুহৰ প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই । সিহঁতে স্বার্থ সিদ্ধিৰ কাৰণে বহু প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু স্বার্থ সিদ্ধি হ'লেই সেইবোৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায় ৷

কিন্তু ইয়ালৈ নাহিলে মই এষাৰ কথা বুজিব নোৱাৰিলোহেঁতেন। বিপাশাই কথাটো বুজাই ক'লে- মিছেছ মুদৈৰ হত্যাটো আছিল এক দুৰ্ঘটনা। আচলতে হত্যাৰ উদ্দেশ্য মইহে আছিলো।

অর্থাৎ ! অৰ্ণৱ উচাপ খাই উঠিল।

: বহুদিন আগৰ এটি ঘটনাই মোক আজি এই পৰিস্থিতিত পেলাইছে।

: আপোনাৰ কথা মোৰ ওচৰত দুর্বোধ্য যেন লাগিছে।

দুর্বোধ্য লাগিলেও এয়াই সঁচা। বিপাশাই দৃঢ় প্রত্যয়ৰ সুৰত ক'লে- আপোনাক মই সকলো কথা ক'ম । আগতে ইয়াৰপৰা বলক । সিহঁত যিকোনো মুহূৰ্তত পুনৰ ইয়ালৈ আহিব পাৰে। সিহঁত যোৱাৰ সময়ত তেনেকুৱা ইংগিতে দি থৈ গৈছে।

অৰ্ণৱৰ মনত বিপাশাৰ কথাবোৰ বিষাদ গম্ভীৰ কাহিনীৰ দৰে বোধ হ'ল। সি কোনো ধৰণৰ মন্তব্য নকৰি ক'লে- বাৰু ব'লক। ইয়াৰ পৰা গৈ কোনোবা নিৰাপদ স্থানত বহি আপোনাৰ কাহিনী শুনিম বাৰু

দুয়ো ততাতৈয়াকৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল৷*

                         চৈধ্য

দুয়ো কোনো ধৰণৰ অঘটন নোহোৱাকৈ আহি অৰ্ণৱৰ ভাড়াঘৰত উপস্থিত হ'ল। জোপোহানিৰ আঁৰত লেপেটা কাঢ়ি বহি থকাৰ কাৰণে অৰ্ণৱৰ কাপোৰত মাটি লাগি আছিল। সেয়ে সি ক'লে- বাইদেউ, আপুনি বহক । মই হাত-ভৰি ধুই আহি আছো। আপুনিও ফ্ৰেছ হৈ লওঁক।

বিপাশাই কলে- আপোনাৰ কাপোৰত মাটি লাগি আছে। গতিকে আগতে আপুনি হাত-মুখ ধুই আহক। মই পাছত হাত-মুখ ধুম, বাৰু৷

অৰ্ণৱ হাত-মুখ ধুবলৈ বুলি ওলাই গ'ল। সি হাত-মুখ ধুই আহি দেখিলে, বিপাশা মাটিৰ মূৰ্তিৰ দৰে নিশ্চল হৈ বহি আছে। তাইৰ চকু- মুখত আতংক মিহলি দৃষ্টি। তাইৰ সমগ্ৰ চেতনা যেন লুপ্ত। দিঠকত যেন তাই সপোন দেখি আছে। ঋষিৰ দৰে ধ্যানত সমাহিত। অৰ্ণৱৰ উপস্থিতিয়েও তাইৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই। বহি বহিয়ে যেন তাই টোপনি গৈছে।

বিপাশাৰ অৱস্থা দেখি অৰ্ণৱৰ পুতৌ উপজিল। সি কেইটামান মুহূর্ত মৌনভাবে পাৰ কৰি গল খেকাৰি মাৰি ক'লে- বাইদেউ, টোপনি গ'ল নেকি?

বিপাশাই থমত্ খাই বিষণ্ণ উদাস দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- নাইতো। টোপনি যোৱা নাই। নিজকে বৰ পৰিশ্ৰান্ত অনুভৱ কৰি আছো। বহুদিনৰ মূৰত নষ্টালজিক স্মৃতিয়েও মনত তোলপাৰ লগাইছে। সেইবোৰ ভাবি থাকোঁতে চকুযোৰ লাগি ধৰিছিল। বাৰু, আপুনি বহক, মই হাত-মুখ ধুই আহি আছো।

বিপাশাই হাত-মুখ ধুই কপোৰৰ আঁচলেৰে মুখমণ্ডল মচি মচি কোঠালিৰ ভিতৰলৈ সোমাই আহিল ৷ তাই চকীত বহি ক'লে বহুদিনৰ মূৰত মা-দেউতা, ভায়েক-ভনীয়েক কেইজনলৈ মনত পৰিছে। সিহঁতে হয়তো আজিও মোৰ কাৰণে বাট চাই আছে।

বিপাশাৰ চকুযোৰ চল্‌চলীয়া হৈ উঠিল। তাইৰ চকুত চকু পানী দেখি অৰ্ণৱৰ মনটো সেমেকি উঠিল। সি তাইক সান্ত্বনা দিয়াৰ কাৰণে কলে- জীৱনত দুখ-বেদনা, হাঁহি-কান্দোন থকাৰ দৰে প্ৰতিজন মানুহৰ অতীত থাকে। পানীৰ তলৰ গেদৰ দৰে সেই অতীতবোৰ নীৰৱ নিশ্চলভাবে হৃদয়ত জমা হৈ থাকে। পানী ঘোদালি দিলে গেদবোৰে নিজৰ অস্তিত্ব প্ৰকাশ কৰাৰ দৰে বিশেষ পৰিস্থিতিত সেই অতীতবোৰ মানস পটত জাগি উঠে। এইদৰে কৈ অৰ্ণৱে খন্তেক ৰৈ ক'লে- আপোনাৰ জীৱনৰ সকলো কথা মই শুনিবলৈ সাজু আছো, যদি আপোনাৰ কোনো আপত্তি নাই ।

আপত্তি! বিপাশাই ক'লে- নাই নাই, কোনো আপত্তি নাই। আপোনাৰ ওচৰত মই আজি সকলো ভাঙিপাতি ক'ম। কোনো কথা মই গোপন নকৰোঁ। সেইবোৰ আজি সাত বছৰে মোৰ মনৰ মাজত সাঁচি ৰাখিছো। সেইবোৰ বৰ্তমান মোৰ মনৰ বোজাৰ দৰে হৈ আছে।। আজি সেইবোৰ কৈ মনৰ বোজা পাতল কৰিম ৷ এইদৰে কৈ বিপাশাই কিছু সময় কিবা ভাবিলে। তাৰ পাছত নাটকীয়ভাবে কবলৈ আৰম্ভ কৰিলে- বাৰু আজিৰ ঘটনাৰেই আৰম্ভ কৰোঁ, নে কি কয় ?

অর্ণৱে ক'লে- সেয়া আপোনাৰ অভিৰুচি। য'ৰ পৰাই আৰম্ভ নকৰক কিয়, মোৰ ফালৰপৰা কোনো আপত্তি নাই।

বিপাশাই আৰম্ভ কৰিলে- ঘৰটোৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত মই যিজন মানুহক লগ পাইছিলো, প্ৰথমতে মই নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলো ৷ অবাক বিস্ময়ত ম‍ই হতভম্ব হৈ পৰিছিলো। মই কল্পনাই কৰিব পৰা নাছিলো, তাক মই সেইদৰে লগ পাম বুলি

আপুনি ভুমিকা এৰি সকলো কথা এফালৰ পৰা কৈ যাওঁক। কোন আছিল সি? অৰ্ণৱ অধৈৰ্য হৈ উঠিল

বিপাশাই পলকহীন দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মই প্ৰদীপ দত্তক চকী এখনত বহি থকা দেখিলোঁ। তাক সেইদৰে দেখা পাম বুলি সপোনতো কল্পনা কৰা নাছিলো । প্ৰদীপ দত্তক সাত বছৰ আগত আমাৰ নিজৰ ঘৰত লগ পাইছিলো ৷ তাৰ মিঠা কথাত ভোল গৈ এদিন মই তাক সৰল বিশ্বাসত লৈছিলো আৰু মোৰ জীৱন যৌৱন তাৰ হাতত সমৰ্পণ কৰিছিলোঁ। কিন্তু সি মোৰ নাৰীত্বক লাঞ্ছিত অপমানিত কৰি মোৰ লগত বিশ্বাসঘাতকতা কৰিছিল। আজি তাক দেখাৰ লগে লগে সাত বছৰ আগৰ সেই ঘটনাবোৰ মোৰ মনত পৰি গ'ল ৷ সি মোৰ কাৰণে অভিশাপ স্বৰূপ । তাৰ কাৰণেই মই পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ এক দুর্বিষহ জীৱনৰ বোজা বই ফুৰিব লগা হৈছে। ইয়াৰ পাছত বিপাশাই কৈ গ'ল তাইৰ অতীত কাহিনী-

মা, মই আৰু এহাল ভাই-ভনীৰে কোনোমতে খাই-বই চলিব পৰা এটি সৰু পৰিয়াল ৷ দেউতা বাৰ বছৰ আগতেই কেন্সাৰত আক্ৰান্ত হৈ ঢুকাইছিল দেউতা প্রাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। মাটি-সম্পত্তি কিছু আছিল যদিও সেইবোৰ দেউতাৰ চিকিৎসাৰ কাৰণে বিক্ৰী কৰিব লগা হৈছিল। গতিকে দেউতাৰ মৃত্যুৰ পাছত তেওঁৰ পেন্সনৰ টকাৰে আমাৰ পৰিয়ালটো অভাৱ-অনাটনৰ মাজেৰে কলপ-জলপকৈ চলি আছিল।

অভাৱ-অনাটনৰ মাজতো আয়ে ভায়েক-ভনীয়েক আৰু মোক স্কুলত নাম লগাই দিছিল। লেখা-পঢ়াত মই বেয়া নাছিলো। বছৰে বছৰে পাছ কৰি গৈ মই এটা সময়ত প্ৰত্যাশিত ধৰণেই দ্বিতীয় বিভাগত মেট্ৰিক পাছ কৰিলো ৷ আমাৰ গাঁওখন চহৰৰ উপকণ্ঠত অৱস্থিত। চহৰৰ পৰা চাৰি কিলোমিটাৰ আঁতৰত। আয়ে মোক কলেজত নাম লগাই দিলে। মই খোজ কাঢ়ি অহা-যোৱা কৰি আই, এ পাছ কৰি স্নাতক মহলাত ভৰ্তি হ'লো।

ঠিক সেই বছৰতে প্ৰদীপ দত্ত আমাৰ ঘৰত থাকি বি, এ ফাইনেল পৰীক্ষা দিবলৈ আহিছিল। সিহঁতৰ ঘৰৰ অৱস্থা ভাল আছিল। সেয়ে কলেজত পঢ়োতে সি মেছত থাকিয়ে পঢ়িছিল। কিন্তু স্নাতক মহলাৰ ফাইনেল পৰীক্ষাত তাৰ ৰেজাল্ট বেয়া হৈছিল। সেয়ে সি আমাৰ ঘৰত থাকি প্রাইভেট পৰীক্ষাৰ্থী হিচাপে পৰীক্ষা দিবলৈ আহিছিল। সি প্রায় এমাহ কাল আছিল আমাৰ ঘৰত ৷

প্রদীপ দত্ত দেখাই-শুনাই চকুত লগা । গাৰ বৰণ বগা ৷ আৰি মাছৰ দৰে বহল বুকু। চাবুকৰ দৰে ঋজু দেহ। চকুৰ দৃষ্টি উজ্জ্বল, কৌতুকত উদ্ভাসিত। কিকিচীয়া কলা কেঁকোৰা চুলি। ধুনীয়া গঢ়ৰ দুপাৰি দাঁত। ওঁঠত ভূৱন বিজয়ী হাঁহি। বাহিৰলৈ ওলালে জীয়ৰী-বোৱাৰীয়ে হেতা-ওফৰা লগায় তাক চোৱাৰ কাৰণে ৷

প্ৰদীপ দত্ত আইৰ দূৰ সম্পৰ্কীয় বায়েকৰ পুতেক। গতিকে আমি তাক আত্মীয় বুলি পৰিচয় দি গর্ববোধ কৰিছিলোঁ। আমি ভাই-ভনী কেইজনে ককাইদেউ বুলি মাতিছিলোঁ। তাৰ পৰীক্ষা থাকিলে সিদিনা সি আৰু ম‍ই দুয়ো একেলগেই কলেজলৈ যাওঁ। এইদৰে একেলগে অহা-যোৱাৰ ফলত মই লাহে লাহে তাৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ । কিন্তু মই সেই দুৰ্বলতাৰ কথা নিজৰ মনৰ মাজতে লুকাই ৰাখিলো । ঘৰখন বা প্রদীপ দত্তই যাতে কথাটো গম নাপায় তাৰ কাৰণে মই খুবেই সাৱধান হৈ ফুৰিছিলো

সিদিনা আছিল বুধবাৰ। মই কলেজৰ পৰা আহি দেখিলো আই ঘৰত নাই। ভাই-ভনীহালো গৈছে আইৰ লগত। প্ৰদীপ দত্ত ঘৰত অকলেই আছিল । সি তাৰ নিজৰ কোঠালিত বহি কিতাপ পঢ়ি আছিল।

মই কাপোৰ-কানি সলাই বাহিৰলৈ ওলাই অহাৰ পাছত সি মোক ক'লে- হেৰা, বিপাশা মোক পানী এগিলাচ দিবাচোন

আগে-পাছে প্রদীপ দত্তৰ কিবা বস্তুৰ প্ৰয়োজন হ'লে আয়ে যতনাই দিয়ে। গাভৰু ছোৱালী কাৰণে আয়ে বিশেষ প্রয়োজন নহ'লে মোক তাৰ ওচৰলৈ যাবলৈ নিদিয়ে। কাৰণ যৌৱন মানইেতো জুই! জুইৰ ওচৰলৈ মম নিলে গলিবই! এই আশংকা কৰিয়ে হয়তো আয়ে বিশেষ প্রয়োজন নহ'লে মোক তাৰ ওচৰলৈ যাবলৈ দিয়া নাছিল।

আই ঘৰত নাই। সেয়ে মই পানী গিলাচ লৈ প্ৰদীপ দত্তৰ কোঠালিটো লৈ সোমাই গ'লো৷ তাৰ ফালে পানীৰ গিলাচ আগবঢ়াই কলো- ককাইদেউ, পানী লওঁক।

প্ৰদীপ দত্তই পানীৰ গিলাচ হাত বঢ়াই লওঁতে তাৰ হাত মোৰ হাতত স্পৰ্শ কৰিলে। ইচ্ছাকৃভাবেই হয়তো সি তাৰ হাত মোৰ হাতত লগাইছিল। তাৰ হাতৰ স্পৰ্শত মোৰ গাটো জিকাৰ খাই উঠিল। মোৰ শৰীৰত যেন বিদ্যুৎ প্রবাহ বৈ গ'ল। ম‍ই ৰোমাঞ্চিত হৈ উঠিলো। যৌৱনৰ দুৱাৰ ডলিত থিয় দিয়াৰ পাছত এটি অকলশৰীয়া নিবিড় কোঠালিত সেয়াই আছিল মোৰ শৰীৰত এজন পৰপুৰুষৰ প্ৰথম স্পর্শ। স্পৰ্শৰ অনুভূতি যে ইমান মধুৰ সেয়া মোৰ কাৰণে কল্পনাৰো অতীত আছিল ।

প্রদীপ দত্তই পানীখিনি একে উশাহে গলধঃকৰণ কৰি গিলাচটো মেজৰ ওপৰত ঠক্‌কৈ নমাই থৈ কলে- তোমাক মই এষাৰ কথা কব খুজিছো; কিন্তু ক'বলৈ সাহস গোটাব পৰা নাই। কিজানি তুমি মোক বেয়াই পোৱা । এইদৰে কৈ সি মোৰ সঁহাৰি পোৱাৰ আশাত মোৰ ফালে চালে।

মই কি কম একো ভাবি উলিয়াব নোৱাৰি বিহ্বলৰ দৰে ভেবা লাগি তাৰ মুখৰ ফালে চালো। কি ক'ব খুজিছে সি? মোৰ মনৰ দুৰ্বলতাৰ কথা সি গম পালে নেকি, বাৰু?

মই এইবোৰ কথা মনত পাগুলি থাকোঁতেই প্রদীপ দত্তই কলে- মই জীৱনত বহু ছোৱালী দেখিছো, কিন্তু তোমাৰ দৰে ধুনীয়া ছোৱালী এতিয়ালৈকে মোৰ চকুত পৰা নাই। এয়া আকৌ তোমাক মিছাতে প্রশংসা কৰা বুলি নাভাবিবা। যি সঁচা তাকেই কৈছো ।

পুৰুষৰ প্ৰশংসা নাৰীৰ বাবে অমৃতৰ দৰে। তদুপৰি নিজে ভালপোৱা পুৰুষৰ মুখৰপৰা যদি সেই প্রশংসা শুনা যায় তেনেহ'লে সেই প্রশংসাই টনিকৰ দৰে কাম কৰে। ইফালে ধুনীয়া বুলি মোৰ এটা সুনামো আছিল ৷ মই নিজেই সেই বিষয়ে সচেতন আছিলো৷ গতিকে প্রদীপ দত্তৰ মুখত মোৰ ৰূপৰ প্ৰশংসা শুনি ম‍ই গর্বত ফুলি উঠিলো । তাৰ প্ৰশংসা যেন গানৰ সুৰৰ দৰে মোৰ কাণত মউ বৰষিলে । হয়তো সি মোৰ দুৰ্বলতাৰ উমান পাইছিল আৰু সেই দুৰ্বলতাৰ সুযোগ লৈয়ে তেনেকৈ কৈছিল। সেয়ে মই তাৰ কথাৰ প্ৰতিবাদ বা সন্মতি নজনাই মনে মনে কোঠালিৰ পৰা ওলাই আহিলো । প্রদীপ দত্তই হয়তো মোৰ মৌনতাক সন্মতি বুলি ধৰি লৈছিল৷ তাৰ প্ৰমাণ মই দুদিন পাছত পালো।

সিদিনা সন্ধিয়া পূৰ্ণিমাৰ জোনটো পূৰ্বাকাশত ভূমুকি মাৰিছিলহি মাথোন। জোনৰ স্নিগ্ধ আভাই ধৰাৰ বুকুত সৰগ ৰচিবলৈ আৰম্ভ কৰিছিল। সেই আভাৰ আলফুল পৰশত ৰহস্যময়ী হৈ উঠিছিল পৃথিবী। পশ্চিমাকাশৰ ৰঙচুৱা ৰঙবোৰ কেতিয়াবাই অসীমত বিলীন হৈ গৈছিল। পশ্চিমৰ পৰা ৰিব্ ৰিকৈ বৈ আছিল মলয়ৰ সোঁত। পৃথিবীখন সপোনৰ দৰে মোহময়ী হৈ উঠিছিল। আই পাক ঘৰত কিবা কামত ব্যস্ত হৈ আছিল । ভাই-ভনীহাল পঢ়িবলৈ বহিছিল। চোতালৰ একাষে থকা চম্পাগছজোপাৰ কাষত থিয় দি মই প্ৰকৃতিৰ সেই অপৰূপ শোভা উপভোগ কৰি আছিলো । গছজোপাৰ পৰা সংগীতৰ সুৰৰ দৰে স্নিগ্ধ মলমলীয়া সুবাস বিয়পি ঠাইডোখৰ মলমলীয়া হৈ আছিল।

হঠাৎ প্রদীপ দত্তই মোক মাতিলে- বিপাশা এইফালে আহাচোন।

প্রদীপ দত্তৰ মাত শুনি মই মন্ত্রমুগ্ধৰ দৰে তাৰ কোঠালিলৈ সোমাই গ'লো। কোঠালিৰ ভিতৰলৈ সোমাই যোৱাৰ লগে লগে প্রদীপে মোক সাৱটি ধৰি উন্মত্ত আবেগত চুমাৰে উপচাই পেলালে । প্ৰদীপৰ বলিয়ালি দেখি মই শংকিত হৈ উঠিলো ৷ মোৰ নাৰী হৃদয় সজাগ হৈ উঠিল। মই প্রাণপণে তাক বাধা দিবলৈ চেষ্টা চলালো। প্রদীপে মোৰ কাণৰ গুৰিলৈ মুখ আনি ক'লে- ভয় নকৰিবা, মই তোমাক বিয়া কৰাম ৷ ঘৰলৈ গৈয়ে মাৰ হতুৱাই বিয়াৰ প্ৰস্তাৱ পঠাম। মই তোমাক ভাল পাও, বিপাশা। তোমাৰ কাৰণে ম‍ই মৰিবলৈও প্ৰস্তুত।

বিয়াৰ কথা শুনি মই ৰোমাঞ্চিত হৈ উঠিলো যদিও সন্দেহৰ ঘূৰ্ণি বতাহ এজাক পাক খাই উঠিল মোৰ মনত ৷ পুৰুষৰ বিশ্বাস নাই । সিহঁতে বিয়াৰ প্রলোভনেৰে নাৰীৰ হৃদয় জয় কৰি শেষত কল খাই বাকলি দলিয়াই পেলোৱাৰ দৰে নাৰীৰ নাৰীত্বক হৰণ কৰি বাটলৈ দলিয়াই দিয়ে। বহুতৰে মুখত মই এই কৰুণ কাহিনী শুনিছো। গতিকে মই লাজ-ক্ষোভত প্ৰদীপৰ হাতত কামুৰি তাৰ বাহু বন্ধনৰ পৰা মুক্ত হ'বলৈ চেষ্টা চলালো। যন্ত্রণা বিকৃত মুখত সি মোক অধিক জোৰে সাৱটি ধৰিলে। ম‍ই তেতিয়া চিঞৰি দিয়াৰ সিদ্ধান্ত ল'লো। কিন্তু সমাজৰ বুকুত লাঞ্ছিতা হোৱাৰ ভয়ত মই চিঞৰি দিয়াৰপৰা বিৰত হ'লো আৰু মই গাৰ বলেৰে প্ৰদীপৰ বাহু বন্ধনৰ পৰা মুক্ত হ'বলৈ চেষ্টা চলালো। কিন্তু ক্ৰমে ক্ৰমে প্ৰদীপৰ বাহুবন্ধনৰ মাজত মোৰ শৰীৰটো নিস্তেজ হৈ পৰিল । সেই ছেগতে প্রদীপে মোৰ নাৰীত্ব ৰহণ কৰি বিজয়ীৰ দৰে ক'লে- ভয় নকৰিবা। কিছুদিনৰ ভিতৰতে ম‍ই তোমাক ঘৰৰ লখিমী কৰি লৈ যাম।

নাৰীত্ব অপমানিত হোৱাৰ বেদনাত মোৰ মন দগ্ধ হ'বলৈ ধৰিলে। অৱসাদত সৰা পাতৰ দৰে মোৰ দেহ-মন লেউ-সেউ হৈ পৰিল ৷ মই ঢলং ঢপংকৈ কোঠালিৰ পৰা ওলাই আহিলো।

এই ঘটনাৰ দুদিন পাছত প্ৰদীপ দত্ত নিজৰ ঘৰলৈ গুচি গ'ল। যোৱাৰ সময়ত সি কিছুদিনৰ ভিতৰতে তাৰ মাকক আমাৰ ঘৰলৈ পঠাব বুলি প্রতিশ্রুতি দি থৈ গ'ল।

কিন্তু প্ৰদীপৰ মাক আমাৰ ঘৰলৈ নাহিল। চাওঁতে চাওঁতে তিনি মাহ অতিবাহিত হ'ল। শেষত প্ৰদীপৰ ঘৰত খবৰ লৈ জনা গ'ল যে, প্রদীপ ঘৰত নাই। সি হেনো কিবা অঘটন কৰি ঘৰৰ পৰা পলাই গৈছে। কিন্তু কি সেই অঘটন সেয়া জানিব পৰা নগ'ল ৷

লাহে মোৰ পেটটো ডাঙৰ হৈ আহিল। আইৰ চকুতো কথাটো ধৰা পৰিল। আয়ে মোক কলেজ লৈ যোৱা বন্ধ কৰি দি সন্তানটো নষ্ট কৰিবলৈ চেষ্টা কৰিলে। কিন্তু ম‍ই সন্মত নহ'লো। কাৰণ মোৰ ধাৰণা আছিল, প্রদীপে মোক কেতিয়াও ফাঁকি নিদিয়ে। সি এদিন নিশ্চয় আহিব। কিন্তু প্রদীপ নাহিল। এটা সময়ত কথাটো গাঁৱৰ মানুহৰ চকুতো ধৰা পৰিল। সিহঁতেও মোক সন্তানটো নষ্ট কৰিবলৈ পৰামৰ্শ দিলে। কিন্তু মই তাতো সন্মত নহ'লো।

বিপাশা ৰৈ গ'ল। বিষণ্ণ বেদনাক্লিষ্ট দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- মোৰ মূৰটো ঘূৰাই আছে। মই মূৰত পানী ল'ম।

অর্ণৱে বাল্টি আনি দিলে । বিপাশা বাল্টি লৈ বাথৰোমলৈ বুলি ওলাই গ'ল । অর্ণৱে আচ্ছন্নৰ দৰে বিপাশাই কোৱা কথাবোৰ নিজৰ মনতে জুকিয়াই চাবলৈ ধৰিলে। প্ৰদীপ দত্তৰ দৰে এজন লম্পটৰ কামনাৰ বলি হৈ বিপাশাই আজি পৰিয়াল-পৰিজনৰপৰা বিচ্ছিন্ন হৈ নিঃসংগ জীৱন অতিবাহিত কৰিব লগা হৈছে। কিন্তু প্ৰকৃততে ইয়াৰ বাবে দায়ী কোন? আমাৰ সমাজ ব্যৱস্থা নহয়নে বাৰু ? কাৰণ নাৰীৰ বিৰুদ্ধে কোনো অন্যায় হ'লে আমাৰ সমাজে পুৰুষক সতকাই দোষী সাৱ্যস্ত নকৰে- সকলো দোষ নাৰীৰ ওপৰতে জাপি দিয়ে। আমাৰ সমাজ ব্যৱস্থাৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি লম্পট পুৰুষে নাৰীৰ নাৰীত্বক যুগে যুগে অপমানিত কৰি আহিছে।*

                      পোন্ধৰ

মূৰত পানী লৈ বিপাশাকোঠালিৰ ভিতৰলৈ সোমাই আহিল। অৰ্ণৱ ভাবত ইমানেই বিভোৰ হৈ আছিল যে, বিপাশা সোমাই অহাৰ পাছতো সি একেদৰে ভাবত বিভোৰ হৈ বহি থাকিল। অৰ্ণৱক সেইদৰে প্ৰত্যক্ষ কৰি বিপাশাই সুধিলে- ইমান তন্ময় হৈ কি ভাবি আছে?

অর্ণৱে টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে চক্ খাই উঠি ক'লে- আপোনাৰ কথাকে ভাবি আছিলো। আগ্নেয়গিৰিৰ সুপ্ত লাভাৰ দৰে আপোনাৰ বুকুত যে বিষণ্ণ কৰুণ মৌন বেদনা সুপ্ত হৈ আছে বাহিৰৰ পৰা চালে সেয়া বুজিবই নোৱাৰি। বাৰু সেইবোৰ এৰক। এতিয়া কওঁক, তাৰ পাছত কি হ?

বিপাশাই বিষাদ গধুৰ দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- মই প্ৰায় পাহৰিয়ে গৈছিলো সেই বিষাদ গধুৰ কাহিনী। প্রদীপ দত্তক দেখি সেইবোৰ কথাই আজি নতুনকৈ মোৰ মনৰ মাজত তোলপাৰ লগাইছে। শুনক তেনেহে'লে মই পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অহাৰ কাহিনী-

নানান জনৰ নানানটা মন্তব্যত মই এটা সময়ত বিপর্যস্ত হৈ পৰিলো। আয়ে প্ৰথমাৱস্থাত হা-হুমুয়াহ কাঢ়াৰ বাহিৰে মোক আক্ৰমণ কৰি বিশেষ একো কোৱা নাছিল। কিন্তু সমাজৰ আগত কথাটো ৰাষ্ট্ৰ হৈ পৰাত আৰু সমাজৰ মানুহে তাইকো আক্ৰমণ কৰি কথা কোৱাত এটা সময়ত তায়ো বিদ্ৰোহী হৈ উঠিল। সময়ে সময়ে তাই তীক্ষ্ণ বাক্যবাণেৰে মোক থকা-সৰকা কৰিবলৈ ধৰিলে। মই অতিষ্ঠ হৈ উঠিলো। মই আত্মহত্যা কৰাৰ কথাও ভাবিছিলো। কিন্তু মই কিয় আত্মহত্যা কৰিম ! মোৰ কি অপৰাধ ? মইতো কোনো অপৰাধ কৰা নাই? অপৰাধ কৰিছে প্ৰদীপ দত্তইহে ! আমাৰ সমাজ ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ লৈ বিয়াৰ প্রলোভনেৰে সি বলপূর্বক মোৰ গাত কলংকৰ বোজা জাপি দিছে। সি অপৰাধী । সি শাস্তি পাব লাগিব । মই কোনো পৰিস্থিতিতেই সন্তানটো নষ্ট নকৰোঁ । সন্তানটো জন্ম দিব লাগিব। কাৰণ সন্তানটোৱেতো কোনো দোষ কৰা নাই! কিন্তু ঘৰত থাকিলে সন্তান জন্ম দিয়াটো সম্ভৱ নহ'ব। মা বা সমাজৰ হেঁচাত আজি নহ'লে কাইলৈ সন্তানটো নষ্ট কৰিব লাগিব। এইবোৰ কথা ভবাৰ লগে লগে মই বিদ্ৰোহী হৈ উঠিলো। মনত প্ৰচণ্ড বিদ্বেষ জাগি উঠিল। জাগি উঠিল প্রতিশোধ স্পৃহা। প্রদীপ দত্তৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণে ম‍ই সংকল্পৱদ্ধ হ'লো আৰু এদিন দোকমোকালি মনে মনে ঘৰৰ পৰা ওলাই আহিলো।

মই ৰেলযোগে এইখন চহৰলৈ আহিছিলো। কিন্তু ৰে'লৰ পৰা নামি মই হতাশ হৈ উঠিলো। চহৰখনৰ বিষয়ে মোৰ মুঠেই জ্ঞান নাই। ইমান মানুহ ! মানুহৰ ভিৰ দেখি মই মূৰ্চ্ছা যোৱাৰ উপক্ৰম হ'লো । কি কৰিম, কোনফালে যাম একো সিদ্ধান্ত ল'ব নোৱাৰি মই উদ্দেশ্যহীনভাবে খোজ কাঢ়িবলৈ ধৰিলো ৷

প্রায় আধাঘণ্টামান খোজকঢ়াৰ পাছত মই এখন চাহ দোকানৰ সন্মুখত দুজনী তিৰোতাক তামোল চোবাই চোবাই কথা পাতি থকা দেখিলো। এজনীৰ বয়স ত্রিশোর্দ্ধ আৰু এজনী পঞ্চাশোর্দ্ধ। তিৰোতা দুজনীৰ কাষলৈ গৈ মই মিনতি ভৰা কাতৰ কণ্ঠত কলো- মাহী, অকনমান মাত দিবনে ?

তিৰোতা দুজনীৰ পিন্ধা কাপোৰবোৰ মলিয়ন। গাৰ ছাল শোতোৰা, কোঠৰাগত চকু, দৃষ্টি নিষ্প্রভ। দাৰিদ্ৰৰ কাঠিন্যই গ্ৰীষ্মৰ শুকান বালিয়ে পানী শুহি নিয়াৰ দৰে সিহঁতৰ গাৰ পৰা সমগ্ৰ কমনীয়তা শুহি নিছে। সিহঁতক বেৰ, চাল নোহোৱা শীৰ্ণ ঘৰ এটাৰ দৰে দেখা গৈছে। সিহঁতক দেখি প্রথম দৃষ্টিতে ক'ব পাৰি, সিহঁত গাঁৱৰ, পেটৰ তাড়নাত চহৰলৈ আহিছে।

সিহঁতে মোৰ ফালে চালেমোৰ কাপোৰ-কানি পৰিপাটি। আহোঁতে কলেজলৈ যোৱা কাপোৰ যোৰ পিন্ধি আহিছিলো । হাতত এটাচি, ভৰিত চামৰাৰ চেণ্ডেল। দুশ্চিন্তাত স্বাস্থ্যৰ কিছু অৱনতি হ'লেও মোৰ কাপোৰ-কানি দেখি সিহঁতে মোক কোনো ভদ্ৰঘৰৰ শিক্ষিতা সন্তান বুলি ভাবিছিল হয়তো। সেয়ে সিহঁতৰ মাজৰ পৰা অপেক্ষাকৃত বয়সিয়াল তিৰোতাজনীয়ে সসম্ভ্রমে সুধিলে- কি হ'? কাক বিচাৰিছে?

সিহঁতৰ সহানুভূতি পোৱাৰ আশাত ম‍ই থূলমূলকৈ মোৰ দুৱস্থাৰ কথা সিহঁতৰ আগত বিৱৰি ক'লো ৷

আসন্ন মাতৃত্বৰ প্ৰতি লক্ষ্য কৰি কম বয়সৰ তিৰোতজনীয়ে মন্তব্য কৰিলে- ঠগিলে। বুকু কপাললৈকে তিনিবাৰমান হাত সঞ্চালন কৰি তাই কলে- পুৰুষ জাতিটোৱে প্ৰৱঞ্চক। হৃদয়ৰ সম্পৰ্কতকৈ দেহৰ সম্পৰ্কই সিহঁতৰ ওচৰত ডাঙৰ। সন্তানটো নষ্ট কৰি পেলাব লাগিছিল । এইদৰে ঘৰ এৰি অহাটো উচিত হোৱা নাই তোমাৰ ৷ মাক-দেউতাকে মনত বৰ কষ্ট পাব।

পঞ্চাশোর্দ্ধ তিৰোতাজনীয়ে বিৰক্তি প্রকাশ কৰি ক'লে- লুইতেহে জানে বঠা কিমানলৈ বয়! কি পৰিস্থিতিত ঘৰ এৰিবলৈ বাধ্য হৈছে, তই তাৰ কি বুজিবি। লেখা-পঢ়া জনা ছোৱালী। তোৰ, মোৰ দৰে মূৰ্খ নেকি? তিৰোতাজনীয়ে মোলৈ উদ্দেশ্য কৰি ক'লে- এওঁৰ কথাত তুমি বেয়া নাপাবা। তুমি ঠিকেই কৰিছা। দোষ কৰিছে লম্পট বাপেটোৱেহে, পেটত থকা সন্তানটোৱে কি দোষ কৰিছে? পৃথিবীলৈ আনি তুলি- তালি ডাঙৰ-দীঘল কৰা । বৃদ্ধ বয়সত ইয়ে তোমাক চাব। কোনোবাই বাপেকৰ পৰিচয় সুধিলে লম্পট বাপেকটোৰ পৰিচয়ে দিবা ৷ কেই মাহ চলিছে?

প্ৰশ্নটো শুনি মই লাজত ৰক্তিম হৈ উঠিলো। কলো- চাৰে আঠ মাহ ।

সময় হৈছেই। ইমান দিন গৈছে যেতিয়া বাকী দিনকেইটাও যাব। ভয় নকৰিবা। মাতৃত্ব নাৰীৰ বাবে আশীর্বাদ। অৱশ্যে কিছু কষ্ট হ'ব।

তিৰোতাজনীৰ সহানুভূতিভৰা কণ্ঠস্বৰত মই বল পাই ক'লো- এতিয়া মই ক'লৈ যাওঁ, কি কৰোঁ, একো বুজিব পৰা নাই। প্ৰথম বাৰৰ কাৰণে আহিছো চহৰখনলৈ। এইখন চহৰত মোৰ কোনো জনা-শুনা মানুহ নাই। আপুনি যদি মোক দুই চাৰিদিনৰ কাৰণে আশ্রয় দিয়ে মোৰ বৰ উপকাৰ হ'ব।

কিন্তু আমি যি পৰিৱেশত থাকো, সেই পৰিৱেশত তুমি থাকিব পাৰিবা জানো? পঞ্চাশোর্দ্ধ তিৰোতাজনীয়ে ক'লে।

মই ক'লো- নিশ্চয় পাৰিম। মোক মাথোন আশ্ৰয় লাগে। ক'ত আশ্ৰয় লৈছো সেয়া এতিয়া মোৰ কাৰণে ডাঙৰ কথা নহয় ৷

তিৰোতাজনীয়ে মোক আগ্ৰহেৰেই সিহঁতৰ ভাড়া ঘৰলৈ লৈ আহিল।

অপৰিচ্ছন্ন পৰিৱেশত কিছুমান টিনপাতৰ চালি ঘৰ। দুফালে চালি ঘৰ আৰু মাজত বাৰাণ্ডাৰ দৰে সৰু ঠেক চোতাল। আমি গৈ চোতালত থিয় হলো ৷ ৰেডিও, টেপ ৰেকৰ্ডাৰৰ লগতে ভাড়াতীয়াসকলৰ কোলাহলে ঠাইডোখৰ মুখৰিত কৰি ৰাখিছে। বহুতে পৰিয়াল লৈ আছে। সৰু সৰু ল'ৰা-ছোৱালী কিছুমানে মাটিত বাগৰি খেলা-ধূলা কৰি আছিল। আমি চোতাললৈ সোমাই যোৱাৰ পাছত সিহঁতে খেলা বন্ধ কৰি চকু বিস্ফাৰিত কৰি মোৰ ফালে চাবলৈ ধৰিলে। সিহঁতৰ চকুত কৌতূহল। যেন সিহঁতে চাকাচৰ জন্তুহে চাইছে। সিহঁতৰ দৃষ্টিৰ আগত মই অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলো।

ঔৎসুক্য চকুবোৰলৈ লক্ষ্য কৰি পঞ্চাশোর্দ্ধ তিৰোতাজনীয়ে ক'লে- বাটত পাই লৈ আহিলো। লেখা-পঢ়া জনা ছোৱালী। দৈবদুর্বিপাকত পৰি ঘৰ এৰি আহিবলৈ বাধ্য হৈছে। বৰ্তমান আমাৰ ইয়াতে থাকিব । এইদৰে কৈ তাই মোলৈ উদ্দেশ্য কৰি ক'লে- এয়া তোমাৰ বাবে উপযুক্ত ঠাই নহয় যদিও আমাৰ লগত থাকিলে এনেকৈয়ে থাকিব লাগিব। বলা, মোৰ কাঠালিলৈ বলা।

অপৰিসৰ অপৰিচ্ছন্ন সৰু কোঠালি। কেঁচা মজিয়া। মজিয়াতে শোৱাৰ ব্যৱস্থা। বস্তাৰে তিনিখন বিছনা মেৰিয়াই থোৱা আছে। প্ৰতিখন বিছনাৰ কাষতে চক্‌চকীয়াকৈ ঘঁহি-মাজি থোৱা সাজ-বাচন। এচুকত খৰিৰ বাবে অনা কাঠেৰে সজা এখন চালপীৰা। চালপীৰাৰ ওপৰত পতা বিছনাখন অপেক্ষাকৃত পৰিচ্ছন্ন। বেড কভাৰো এখন পাৰি থোৱা আছে বিছনাৰ ওপৰত। বাঁহৰ আলনা এখনো আছে চালপীৰাখনৰ শিতানৰ ফালে ৷ তাত কাপোৰ-কানিবোৰ সুবিন্যস্তকৈ সজাই থোৱা আছে। অপৰিচ্ছন্ন পৰিৱেশত চালপীৰা আৰু আলনাখন যেন কপালৰ সেন্দূৰৰ ফোটৰ দৰে জিলিকি আছিল।

মই বাৰে বাৰে চালপীৰাখনৰ ফালে লক্ষ্য কৰাত তিৰোতাজনীয়ে মোৰ মনোভাব উপলব্ধি কৰিব পাৰি ক'লে- সেইখন বিনীতাৰ বিছনা। বিধবা। গিৰিয়েক বম ব্লাষ্ট হৈ ঢুকাইছে। তাই এজন মহাজনৰ ঘৰত মাহিলী বন্দোৱস্তত হাজিৰা কৰে। বৰ ধনী মহাজন। তাই তোমাৰ বয়সৰে। মোৰে ছোৱালী। তোমাৰ দৰে কিছু লেখা-পঢ়াও শিকিছে তাই। তোমাক পালে তাই খুবেই ভাল পাব।

ভাগ্যক ধিয়াই বিনীতাহঁতৰ লগতে থাকিবলৈ ল'লো। মোৰ অৱস্থালৈ লক্ষ্য কৰি সন্তানটো প্ৰসৱ নোহোৱালৈকে মোৰ থকা-খোৱাৰ সকলো দায়িত্ব বিনীতাহঁতে ল'লে। বিনীতাৰ মাক অর্থাৎ পঞ্চাশোর্দ্ধ তিৰোতাজনীয়ে এই ক্ষেত্ৰত কোনো আপত্তি নকৰিলে। বিনীতাৰ সিদ্ধান্তত তাই পেটে পেটে ভালেই পালে। মানুহ মানুহৰ বাবে এই কথাষাৰৰ সার্থকতা বিনীতাহঁতে প্ৰমাণ কৰিলে৷

বিনীতাহঁতো দুৰ্ভগীয়া। সৰুতে বিনীতাৰ দেউতাক ঢুকাইছে। মাটি-সম্পত্তিও বিশেষ নাছিল। মাকেই তাইক তুলি-তালি ডাঙৰ দীঘল কৰিছে। তাইক স্কুলতো নাম লগাই দিছিল। এম, ই পাছ কৰি হাইস্কুলত ভৰ্তি হোৱাৰ পাছতে সিহঁতৰ গাঁৱৰে কেও কিছু নথকা চেমনীয়া ডেকা দীপকৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । মাকে এই প্ৰেমৰ ক্ষেত্ৰত আপত্তি কৰাত তাই পাঁচ বছৰ আগতে দীপকৰ লগত এইখন চহৰলৈ পলাই আহিছিল। দীপক ৰাজমিস্ত্ৰীৰ যোগালি আছিল। সিহঁত পলাই অহাৰ ছমাহমান পাছত দীপকে নিজে গৈ শাহুৱেকক চহৰলৈ লৈ আহে। সুখেৰেই খাই-বই আছিল সিহঁত। কিন্তু কণা বিধাতাই সিহঁতৰ সেই সুখ সহ্য নকৰিলে। তিনি বছৰমান আগতে কামৰপৰা ঘৰলৈ উভতি অহাৰ বাটত বমব্লাষ্ট হৈ সি মৃত্যু মুখত পৰে

বিনীতাৰ ৰূপ আছে। যৌৱন আছে। বহুতে তাইক বিয়া কৰোৱাৰ বাবে প্ৰস্তাৱো দিয়ে; কিন্তু তাই বিয়াত বহা নাই। তাইৰ মতে, জীৱনত প্ৰেমত এবাৰহে পৰিব পাৰি আৰু জীৱনত এজন পুৰুষকহে ভাল পাব পাৰি। এজনৰ বাহিৰে দুজনক ভালপোৱা মানে সেয়া অভিনয়হে।

দীপকৰ প্ৰতি বিনীতা চিৰকৃতজ্ঞ। দীপকে তাইক বহু দিছে। প্রেম, ভালপোৱা, সুখ সকলো। সেই স্মৃতিকে বুকুত সাৱটি তাই বাকী জীৱন পাৰ কৰি দিয়াৰ বাবে প্ৰতিজ্ঞাৱদ্ধ। জীৱননো আৰু কেইদিনৰ। কচুপাতৰ পানীৰ দৰে ।

কম শিক্ষিতা হলেও বাস্তৱ অভিজ্ঞতাই বিনীতাক বহু কথা শিকাইছে। জীৱনৰ নশ্বৰতা সম্পৰ্কে তাই সচেতন। তাইৰ মতে মানুহৰ দুর্দিনত কিবা এটা সহায় কৰিব পৰাটোতে জীৱনৰ সাৰ্থকতা। প্ৰতিজন মানুহে সহায় কৰাও উচিত। দীপকৰ বিয়োগতো তাইৰ দুঃখ নাই। দীপকে হেনো তাইৰ বাবে সিপাৰত অপেক্ষা কৰি আছে। নশ্বৰ জীৱনৰ দুর্ভোগ শেষ হ'লেই তাই গৈ দীপকৰ লগত মিলিত হ'ব। সিপাৰৰ সুখ চিৰস্থায়ীএই পৃথিবীৰ দৰে ক্ষণস্থায়ী নহয়। তাইৰ মতে পাপীসকলহে এই পৃথিবীলৈ আহে নানা দুখ-কষ্ট, লাঞ্ছনা-গঞ্জনা ভূঞ্জিবৰ বাবে।

বিনীতাই কথা কলে শুনিয়ে থাকিবলৈ মন যায়। প্ৰতিটো শব্দ তাই বিশেষভাবে জোৰ দি উচ্চাৰণ কৰে। বহুতে তাইক পাগলী বুলিও ভাবে।

মই কিন্তু বিনীতাক পাগলী বুলি নাভাবো। মোৰ মতে তায়ে প্রকৃত মানুহ। দয়া-মায়া-স্নেহ-মৰম এইবোৰ হৃদয়গত সম্পত্তি যাৰ আছে সি কেতিয়াও বলিয়া হ'ব নোৱাৰে । তাইৰ কিছু কথাৰ কোনো ভিত্তি নাই যদিও মানুহে নিজক সান্ত্বনা দিয়াৰ কাৰণে সেইবোৰ কথাৰ প্ৰয়োজন আছে।

সি যিকি নহওঁক, মই বিনীতাহঁতৰ লগত থাকিবলৈ ল'লো। পোন্ধৰ দিন পাছত মই এটি মৃত সন্তান জন্ম দিলো।

মই যি আশালৈ চহৰলৈ আহিছিলো, সন্তানৰ মৃত্যুই মোৰ সেই আশাৰ মূৰত চেঁচা পানী ঢালিলে। ফলত জীৱনৰ প্ৰতি ম‍ই বীতশ্রদ্ধ হৈ উঠিলো। সন্তান বিয়োগৰ শোক প্রবাহে মোৰ চিত্তলোকৰ তটভূমিত আঘাত কৰি মোক অস্থিৰ কৰি তুলিলে। জীৱনটো ভয়ংকৰ দুঃস্বপ্নৰ দৰে হৈ উঠিল মোৰ ওচৰত। মনৰ বিষাদ-বেদনা দিনে-নিশাই চকুপানী হৈ সৰিবলৈ ধৰিলে।

মোৰ অৱস্থা প্ৰত্যক্ষ কৰি বিনীতাহঁত বিপাঙত পৰিল ৷ কামৰ মাজত ডুবি থাকিলে মনৰ দুখ লাঘৱ হ'ব বুলি ভাবি বিনীতাই এদিন কামৰ পৰা আহি ক'লে- বাইদেউ (কাৰণ বিনীতাই মোক বাইদেউ বুলি মাতিছিল।) তুমি এইদৰে কন্দা-কটা কৰি থাকিলে তোমাৰ মনৰ দুখ বাঢ়িবহে- মনলৈ শান্তি নাহিব। তুমি যদি বেয়া নোপোৱা তোমাৰ কাৰণে উকিল এজনৰ ঘৰত কাম ঠিক কৰি দিব পাৰিম। কামো বিশেষ একো নহয় । উকিলৰ পাঁচ বছৰীয়া এজন ল'ৰা আছে । তাক তুমি চোৱা-চিতা কৰাৰ লগতে পঢ়ুৱাব লাগিব । উকিলৰ পৰিবাৰেও চাকৰি কৰে ৷ মানুহ ঘৰো ভাল ৷ মোৰ চিনাকি তুমি ইচ্ছা কৰিলে কাইলৈৰ পৰাই কামত যোগদান কৰিব পাৰিবা।

প্ৰস্তাৱটো মোৰ ভাল লাগিল। পাছদিনাই মই কামত যোগদান কৰিলো। মোৰ থকা-খোৱাৰ ব্যৱস্থাও তাতে হ'ল। ভালদৰেই দিন অতিবাহিত হৈ আছিল, কিন্তু কণা বিধাতাৰ সেই সুখ সহ্য নহ'ল।

এনেয়েও দেখিবলৈ মই বেয়া নাছিলো। উকিলৰ ঘৰত খাই-বই যেন ৰূপ দুগুণে চৰিল। পুষ্পিত বসন্তৰ বৰ্ণ সুষমাৰ দৰে মোৰ ৰূপ বিকশিত হৈ উঠিল। ভৰা নদীৰ দৰে উপচি পৰিল মোৰ যৌৱন। আৰ্চিত মোৰ প্ৰতিবিম্ব দেখি ম‍ই নিজেই ৰোমাঞ্চিত হৈ উঠোঁ। মঙহই হৰিণাৰ বৈৰী হোৱাৰ দৰে মোৰ ৰূপ-যৌৱন মোৰ বৈৰী হৈ উঠিল।

উকিলিনী বাইদেউৰ ভায়েক ধীৰেণ এবাৰ সেইখন ঘৰলৈ আহিছিল। ধীৰেণ বেকাৰ। লেখা-পঢ়াও সিমান কৰা নাই। মেট্রিক ফেল। সেয়ে টকাৰ প্ৰয়োজন হ'লেই সি মাজে-সময়েই আহে। একমাত্র ভায়েক হিচাপে বাইদেৱে তাক মৰমো কৰিছিল । জানিব পৰামতে সি লেখা- পঢ়াত মুঠেই ভাল নাছিল। কুসংগত পৰি সি লেখা-পঢ়া এৰি অসামজিক কামৰ লগত জড়িত হৈ পৰিছিল। তাৰ স্বভাৱ আছিল বন্য ববৰ। এদিন মই মোৰ কোঠালিত শুই থকা অৱস্থাত সি মোক অতর্কিতে জপটিয়াই ধৰিলে। অতর্কিত আক্রমণ প্রতিহত কৰাৰ কাৰণে ম‍ই তাক ঠেলা মাৰি পেলাই দি চিঞৰি দিলো। মোৰ চিঞৰৰ শব্দ শুনি উকিলনী বাইদেউ কোঠালিটোলৈ সোমাই আহিল ৷ খং আক্রোশত জৰ্জৰিত হৈ ধীৰেণ কোঠালিৰ পৰা ওলাই গ'ল। মই আনুপূর্বিক ঘটনা বাইদেউৰ ওচৰত বিৱৰি ক'লো। বাইদেৱে তাৰ গাত দোষ নেদেখি দোষ দেখিলে মোৰ গাতহে। মই লাই দিয়া কাৰণেই সি তেনেকুৱা কৰিছে বুলি বাইদেৱে মোকে দুই কথা শুনাই গ'ল। লাজ-ক্ষোভ অপমানত জৰ্জৰিত হৈ মই সিদিনাই সেইখন ঘৰৰপৰা ওলাই পুনৰ বিনীতাহঁতৰ লগত থাকিবলৈ ল'লো। কেইদিনমান পাছতে বিনীতাই মৃদুলা মুদৈৰ লগত যোগাযোগ কৰি মোক প্রাইভেট স্কুলৰ চাকৰিটো পোৱাই দিলে। তাত বাইদেৱৰ মৰম-স্নেহৰ মাজত ভালদৰেই দিনবোৰ পাৰ হৈ আছিল।

বিপাশা ৰৈ গ'ল। তাই অৱসন্ন দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- পাছৰ ঘটনাবোৰ আপুনি নিজেই জানে। মই আৰু কি ক'ম।

বিপাশা ৰৈ গ'ল।

অর্ণৱে ধৈর্য সহকাৰে বিপাশাৰ কথাবোৰ শুনি আছিল ৷ তাই ৰৈ যোৱাত অর্ণৱে সুধিলে- আপুনি অট'ৰ পৰা মোনাটো লৈ গৈছিল নেকি?

চিঠিখনৰ কথা ম‍ই আগতেই কৈছো। বিপাশাই ক'লে- চিঠিখন পঢ়ি মই ভয়ত বিহ্বল হৈ উঠিলো। ভয় সমাজৰ নিয়ন্তা। মৃত্যুভয় সবাতোকৈ ভয়ংকৰ। জীৱন মানেই গতি আৰু মৃত্যু মানইে ঘনান্ধকাৰ। মৃত্যু ভয়ত ম‍ই অস্থিৰ হৈ উঠিলো। ইফালে কোনে মোক এই কাম কৰিবলৈ কৈছে আৰু মোনাটোত কি আছে জানিবলৈ মই কৌতূহলী হৈ উঠিছিলো। লগতে ভাবিছিলো, আগবাঢ়িলেও মৰণ আৰু পিছহোঁহকিলেও মৰণ। গতিকে আগবাঢ়ি মৰাই ভাল। ইফালে আপোনাৰ অটৰ কথা ভাবি মই মনত কিছু বলো পাইছিলো।

মই বেণ্ডেজ খোলাৰ কথা কৈ দহমান বজাত ঘৰৰ পৰা ওলাই আহিলো আৰু চিঠিত উল্লেখ কৰা ধৰণে লাখটকীয়ালৈ গৈ আপোনাৰ অটৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলো। দীর্ঘ প্রতীক্ষাৰ পাছত আপোনাক লগ পাই অটত উঠি বহিলো। কিছুদূৰ অহাৰ পাছতে ম‍ই অটৰ ডিকিত খেপিয়াই চালো ৷ মোনাটো মোৰ হাতত লাগিল ৷ মোনাটো মই টিপি চালো। মোনাটোত টান কিছুমান বস্তুৰ অস্তিত্ব অনুভৱ কৰিলো ৷ লগে লগে মোনাটো ডিকিৰ পৰা উলিয়াই আনি মোৰ ভেনিটি বেগত ভৰাই চিঠিখন পিচবোর্ডৰ তলত থৈ দিলো৷ তাৰ পাছত মিছা অজুহাত দেখুৱাই মই অট'ৰ পৰা নামি গ'লো ৷

অর্ণৱে ভ্ৰূযোৰ কোঁচাই সুধিলে- আপুনিতো চিধাই যাব পাৰিলেহেঁতেন, ইমান ঘূৰি-পকি যোৱাৰ কাৰণ কি?

বিপাশাই ক'লে- চিঠিখনত তেনেকৈয়ে নিৰ্দ্দেশ দিয়া আছিল।

তাৰ পাছৰ কথা মই জানো। অর্ণৱে কলে- ঘৰটোৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত কি হ'? দুৱাৰ মুখত থিয় দি থকা ডেকাজন আপোনাৰ পৰিচিত আছিল নেকি?

একে লগে দুটা প্রশ্ন সোধাত বিপাশা কিছু বিপাঙত পৰিল। কোনটো প্ৰশ্নৰ উত্তৰ তাই আগতে দিব! তাই খন্তেক ভাবি কলে- হয়, পৰিচিত আছিল । সি আছিল উকিলিনী বাইদেৱৰ ভায়েক ধীৰেণ। তাক দেখি মোৰ অন্তৰাত্মা কঁপি উঠিল। চকুৰ আগত ভাহি উঠিল কিছুমান কাল্পনিক দৃশ্য। সিদিনাৰ সেই প্রত্যাখানৰ কথা মনত পৰি মোৰ অন্তৰাত্মা কঁপি উঠিল ৷

কিন্তু সি মোক অভয় দি ক'লে- ভয় নাই। আপোনাৰ ওপৰত দৈহিক কোনো ধৰণৰ নিৰ্যাতন কৰা নহয় ৷ অন্ততঃ মই নকৰো। ভিতৰলৈ সোমাই যাওঁক, আপোনাৰ কাৰণে ভিতৰত মেগা ছাৰপ্ৰাইছঅপেক্ষা কৰি আছে।

দীপকৰ কথাত গুৰুত্ব নিদি মই কোঠালিৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰত প্ৰৱেশ কৰিয়ে মই চক্‌ খাই উঠিলো। মদৰ গিলাচ হাতত লৈ কোঠালিটোৰ ভিতৰত বহি আছিল প্ৰদীপ দত্ত । তাৰ ওঁঠৰ কোণত বিৰিঙি আছিল মৃদু হাঁহিৰ ৰেখা। তাক দেখাৰ লগে লগে মোৰ মানস পটত পুৰণি স্মৃতিবোৰ জিলিকি উঠিল। ক্ষোভ অভিমানত জৰ্জৰিত হৈ ম‍ই ঘৃণা মিহলি কণ্ঠত কলো- তুমি!

এৰা মই। প্ৰদীপ দত্তই নিৰ্বিকাৰভাবে কলে- তোমাৰ লগত বিশ্বাসঘাতকতা কৰাৰ কাৰণে তুমি মোক ঘিণ কৰাটো স্বাভাৱিক। কিন্তু তোমাক ম‍ই ঘিণ নকৰোঁ। কাৰণ তোমাক মই এতিয়াও ভাল পাওঁ। বিশ্বাস কৰা, তোমাক সেইদৰে এৰি অহাৰ ক্ষেত্ৰত মোৰ গাত অকণো দোষ নাছিল ৷ আমাৰ ঘৰখনে তোমাক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাতহে মোৰ ইচ্ছা থকা সত্ত্বেও তোমাক মই স্ত্ৰীৰ মৰ্যদা দিব পৰা নাছিলো। ঘৰখনৰ মতৰ বিৰুদ্ধে যোৱাৰো তেতিয়া মোৰ সাহস নাছিলকাৰণ তেতিয়া মোৰ কৰ্ম সংস্থান নাছিল। বাৰু, সেইবোৰ কথা এতিয়া বহু অতীত হ'ল। সেইবোৰ ৰোমন্থন কৰি এতিয়া লাভো নাই। এতিয়া কোৱা, তোমাক যি কামৰ দায়িত্ব দিয়া হৈছিল তাৰ কি কৰিছা ?

প্ৰদীপৰ হঠকাৰি কথাবোৰ শুনি খং অপমানত মোৰ সৰ্বশৰীৰ ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে। মই নিজক চম্ভালি কলো- তোমাৰ লেকচাৰ শুনাৰ ধৈৰ্য বা ইচ্ছা মোৰ নাই। তোমাৰ প্ৰতি বৰ্তমান মোৰ কোনো আকর্ষণো নাই। এইদৰে কৈ মই ভেনিটি বেগৰ পৰা মোনাটো উলিয়াই মেজৰ ওপৰলৈ দলিয়াই দি ক'লো- তোমাৰ বস্তুবোৰ লোৱা আৰু মোক যাবলৈ দিয়া ৷

প্ৰদীপ দত্তই চিলনিৰ দৰে ছোঁ মাৰি মোনাটো হাতত লৈ মোনাৰ গাঁঠি খুলি মেজৰ ওপৰত উবুৰিয়াই ধৰিলে। মোনাৰ পৰা সোণালী চকলেটৰ দৰে কে'বাটাও টুকুৰা ওলাই পৰিল। চকলেটবোৰ সোণৰ বুলি ধাৰণা কৰিবলৈ মোৰ অসুবিধা নহ'ল। প্ৰদীপ দত্ত উল্লসিত হৈ উঠিল। সি চকলেটবোৰ লাৰি-চাৰি চাই কলে- ধন্যবাদ, আমাৰ কামটো কৰি দিয়াৰ বাবে । এতিয়া আমি বস্তুবোৰ পৰীক্ষা কৰিবলৈ যাম আৰু পৰীক্ষা কৰি আহিয়ে তোমাক মুক্ত কৰি দিম। কিন্তু তাতো এটা চৰ্ত আছে।

চৰ্ত ! কি চৰ্ত ? ম‍ই খঙেৰে সৈতে সুধিলো ।

চর্ত বিশেষ একো নহয়প্ৰদীপ দত্তই দৃঢ় কণ্ঠত কলে- আজি ৰাতিয়ে তুমি এইখন চহৰ এৰি যাব লাগিব। নাই নাই, তোমাক আমি খালী হাতেৰে বিদায় নকৰো। তোমাৰ এই কামৰ বাবে তোমাক আশাতীত ধৰণে পুৰস্কৃত কৰি বিদায় দিম।

এইখন চহৰ এৰি যোৱাৰ চৰ্তাৰোপ কৰাৰ কাৰণ ?

কাৰণ নিশ্চয় আছে। সেইবোৰ শুনি তোমাৰ লাভ নাই।

বাৰু, তোমাৰ যদি কবলৈ ইচ্ছা নাই, মোৰ শুনিবলৈও আগ্রহ নাই। মই আক্রোশ ভৰা কণ্ঠত সুধিলো- মই এইখন চহৰত থকা বুলি তুমি কেনেকৈ জানিলা?

ঘৰৰ পৰা পলাই গৈ মই পাঁচ বছৰমান অসমৰ বাহিৰত আছিলো । প্ৰদীপ দত্তই ক'লে- মুম্বাইত । কিছুদিন মুম্বাইত চিনেমা কোম্পানীত কাম কৰিছো ৷ ছমাহ আগতে মই এইখন চহৰলৈ আহিছো। সিদিনা টেক্সিৰে গৈ থাকোঁতে হঠাৎ তোমাক ৰাস্তাত দেখা পালো।

মোৰ সিদিনাৰ একচিডেণ্টৰ কথা মনত পৰি গ'ল। মোৰ বুজিবলৈ অসুবিধা নহ'ল যে, সেয়া কোনো এক্সিডেণ্ট নাছিল। টেক্সিখনত প্ৰদীপ দত্ত আছিল আৰু অতীত কলংক মচি দিয়াৰ কাৰণে সি মোক খুন্দিয়াই দিছিল। সেয়ে ম‍ই ব্যংগৰ সুৰত ক'লো- আৰু অতীত কলংকৰ সাক্ষী হিচাপে মোক খুন্দিয়াই থৈ গুচি গ'লা, নহয়নে ?

মোৰ কথা শুনি প্ৰদীপ দত্ত কিছু অপ্রস্তুত হ'ল। সি নিজক চম্ভালি ক'লে- সেয়া আছিল এক দুর্ঘটনা ।

মই দৃঢ়কণ্ঠত কলো- সেয়া দুর্ঘটনা নাছিল। সেয়া আছিল পৰিকল্পিত হত্যাৰ প্ৰচেষ্টা। কিন্তু তোমাৰ দুৰ্ভাগ্য যে, মই নমৰিলোঁ । গতিকে ৰাতি মোক হত্যা কৰিবলৈ পুনৰ মাণিক মুদৈৰ ঘৰলৈ গ'লা আৰু ভুলতে মিছেছ মুদৈক হত্যা কৰিলা, নহয়নে ?

এজাক কলা ডাৱৰে যেন প্ৰদীপ দত্তৰ মুখমণ্ডল আৱৰি ধৰিলে। হাতত থকা বস্তু কিছুমান হঠাৎ ব্যস্ত ৰাজপথত সিঁচৰতি হৈ পৰিলে মনৰ যি অৱস্থা হয় তেনেকুৱা অৱস্থা হ'ল প্ৰদীপ দত্তৰ । সি দোষ ঢাকিবলৈ দুৰ্বল যুক্তি দাঙি ধৰিলে- এয়া তোমাৰ ধাৰণাহে মাথোন ৷ ধাৰণা সদায় সঠিক নহ'বও পাৰে ৷

প্রদীপ দত্তৰ দুৰ্বল যুক্তিত মোৰ সন্দেহ অধিক ঘনীভূত হ'ল। মই প্ৰদীপ দত্তৰ মুখৰ পৰা কথাটো শুনিবলৈ উদগ্ৰীৱ হৈ উঠিলো ৷ কিন্তু এনেতে কোঠালিৰ ভিতৰলৈ ধীৰেণ সোমাই আহিল। সি অধৈৰ্য হৈ ক'লে- কি হ'? বহুত পলম হ'ল। বস্তুবোৰ আনিছে নেকি?

ধীৰেণ সোমাই অহাত প্ৰদীপ দত্তই প্ৰসংগটো তল পেলোৱাৰ সুযোগ পালে। সি মেজৰ ওপৰত থকা চকলেটবোৰলৈ আঙুলিয়াই কলে- নিজ চকুৰে চাই লোৱা ।

বস্তুবোৰ দেখি ধীৰেণ উল্লসিত হৈ উঠিল। সি ক'লে- ভগবানক অশেষ অশেষ ধন্যবাদ।

এতিয়াই উল্লসিত নহবা। প্রদীপ দত্তই কলে- সোণবোৰ পৰীক্ষা কৰি আচল পালেহে উল্লসিত হ'ব পাৰিবা। জোচেফক তুমি চিনি নোপোৱা । সি ইমান সহজে বস্তুবোৰ আমাক দিব বুলি মোৰ বিশ্বাস হোৱা নাই। এতিয়া যোৱা, সিটো কোঠালিত ৰচী আছে। ৰচীবোৰ লৈ আহা ।

ধীৰেণে সুধিলে- ৰচীৰে আকৌ কি কৰিবা?

আগতে আনাচোন ।

ধীৰেণে ৰচী লৈ আহিল৷ প্ৰদীপ দত্ত বহাৰ পৰা উঠি মোৰ ফালে দুখোজমান আগুৱাই আহি ক'লে- এওঁক ৰচীৰে বান্ধি থৈ যাব লাগিব৷

মই কেই খোজমান পিছুৱাই গৈ ক'লো- মোক বান্ধিব খুজিছা কিয়? মইতো তোমালোকৰ কথা মতেই কাম কৰিছোঁ।

প্ৰদীপ দত্তই ব্যংগভৰা সুৰত ক'লে- তোমাক বান্ধি থৈ নগ'লে জানো, নিজৰ ইচ্ছাত ইয়াত থাকিবা? তোমাক মোৰ বিশেষ প্রয়োজন আছে।

মই প্রচণ্ড খঙত হুংকাৰ দি উঠিলো- প্ৰতাৰক, গুণ্ডা, বদমাচ। মই এতিয়াই গৈতোমালোকৰ এই অপকৰ্মৰ বিষয়ে থানাত জনাই দিম। তোমালোকৰ ভণ্ডামীৰ মূখা খুলি দিম মই।

সেই সুযোগ তুমি কেতিয়াও নাপাবা । প্রদীপ দত্তই ধীৰেণক উদ্দেশ্য কৰি ক'লে- কি চাই আছা ? বান্ধি পেলোৱা। এইদৰে কৈ প্ৰদীপ দত্ত ভেকুলিৰ দৰে জাঁপ মাৰি আহি মোক গবা মাৰি ধৰিলে আৰু ধীৰেণে মোক আপুনি দেখা ধৰণে বান্ধি পেলালে । এইদৰে কৈ বিপাশাই কলে- আপুনি নগ'লে সিহঁতে মোক মাৰি পেলোৱাটো প্ৰায় নিশ্চিত আছিল বুলি ক'ব পাৰি ৷

অর্ণৱে কলে- এতিয়াও আপুনি বিপদমুক্ত হ'ব পৰা নাই৷

কিন্তু মই বুজিব পৰা নাই, মোক হত্যা কৰি সিহঁতৰ কি লাভ হ'? বিপাশাই চিন্তিত কণ্ঠত কলে।

লাভ নিশ্চয় আছে। অর্ণৱে ক'লে- অৱশ্যে কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। অৱশ্যে এষাৰ কথা স্পষ্ট যে, আপোনাৰ পৰা ক্ষতি হ'ব পাৰে বুলি সিহঁতে আশংকা কৰিছে।

বিপাশাই প্ৰসংগ সলনি কৰি ক'লে- আপোনালোকে সোণবোৰ পালে ক?

সেইবোৰ বহু কথা। অর্ণৱে ক'লে- এই সোণবোৰৰ লগত এজনী ছোৱালীৰ জীৱন-মৰণৰ প্ৰশ্ন জড়িত হৈ আছে। তাইৰ কিছুমান আপত্তিজনক ফটো আছে প্ৰদীপ দত্তৰ হাতত। যিকোনো মূল্যৰ বিনিময়ত আমি তাৰ হাতৰ পৰা সেইবোৰ উদ্ধাৰ কৰিব লাগিব ।

পাৰিব জানো? বিপাশাই সংশয় প্রকাশ কৰিলে ৷

চেষ্টা কৰি চাব লাগিব। কাৰণ চেষ্টাৰ অসাধ্য একো নাই।

আপুনি অকলেই জড়িত নেকি এই কামত?

নহয়, মোৰ লগত জোচেফ নামৰ সন্ন্যাসী এজনো আছে।

সন্ন্যাসী! বিপাশাই বিস্ময় প্রকাশ কৰি ক'লে- সন্ন্যাসীক আকৌ এই কামত কেনেকৈ জড়িত কৰিলে ?

সেইবোৰ মই আপোনাক পাছত জনাম বাৰু। অর্ণৱে ক'লে- এতিয়া মই ঘটনাৰ সবিশেষ জনাবলৈ তেওঁৰ ওচৰলৈকে যাব লাগিব

বাৰু, লক। ময়ো ঘৰলৈ যাব লাগিব। বিপাশাই কলে- বৃন্দাবনে হয়তো মোক নেদেখি চিন্তা কৰি আছে।

দুয়ো বহাৰপৰা উঠি কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহিল৷*

                                   ষোল্ল

বিপাশাক মাণিক মুদৈৰ ঘৰৰ সন্মুখত নমাই দি অৰ্ণৱে লাখটকীয়াৰ ফালে অট' চলাই দিলে ৷ কাৰণ জোচেফ লাখটকীয়াত তাৰ কাৰণে অপেক্ষা কৰি থকাৰ কথা আছে। কিছুদূৰ অহাৰ পাছত এগৰাকী বৃদ্ধ দুজন সৰু ল'ৰা-ছেৱালীৰ সৈতে অট'ত উঠিল। তাৰ অৱশ্যে ভাড়া মাৰাৰ ইচ্ছা নাছিল । কিন্তু বৃদ্ধাগৰাকীক সৰু ল'ৰা-ছোৱালীৰ সৈতে ৰৈ থকা দেখি সি সিহঁতক অটত তুলি ল'লে। সিহঁতক উজান বজাৰত নমাই দি লাখটকীয়া অভিমুখে অট' ঘূৰালে। পাণ বজাৰলৈ অহাৰ পাছত সি জয়শ্ৰীক অটৰ কাৰণে ৰৈ থকা দেখিলে। সি তাইৰ কাষলৈ আহি সুধিলে- আৰে, আপুনি ! কলৈ গৈছিল?

অৰ্ণৱৰ প্ৰশ্নত জয়শ্ৰীয়ে থতমত খাই ক'লে- বান্ধৱী এজনী মানে অপৰ্ণাৰ লগত দেখা কৰিবলৈ আহিছিলো। তাই ইয়াৰে হোটেল এখনত কাম কৰে। কাপোৰ কেইপদমান কিনিব লগা আছে। এতিয়া ফেন্সী বজাৰলৈ যাম। আপুনি যাব নেকি?

নিশ্চয় যাম। অর্ণৱে আগ্ৰহেৰে ক'লে- উঠক।

জয়শ্ৰীয়ে ভেনিটি বেগটো অটৰ ছিটৰ ওপৰত দলি মাৰি দি পাছত তাই নিজেও অটত উঠি বহিল। কিছুদূৰ অহাৰ পাছতে তাই ক'লে- আৰে, আপুনি অটখনক পোষ্ট অফিচ বনাইছে নেকি? তাই খাম এটা অৰ্ণৱৰ ফালে আগবঢ়াই কলে- এই খামটো ছিটৰ ওপৰত পৰি আছিল

খাম? অর্ণৱে বিস্মিত কণ্ঠত সুধিলে।

কাৰ খাম? নাম ঠিকনা চাওঁক

নাম ঠিকনা দেখোন লেখা নাই খামৰ ওপৰত

খুলি চাওঁক, ভিতৰত থাকিব পাৰে

মুখখন এঠা লগাই বন্ধ কৰা আছে

খুলি চাওঁকচোন, কি লেখা আছে।

আপুনিয়ে খুলি চাব। জয়শ্ৰীয়ে অৰ্ণৱৰ ফালে খামটো আগবঢ়াই পৰামৰ্শৰ সুৰত ক'লে- কিবা জৰুৰী চিঠিও হ'ব পাৰে। নাম ঠিকনা থাকিলে গৰাকীক গতাই দিব পাৰিব।

অর্ণৱে সন্মুখৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিয়ে বাওঁ হাতখন পিছফালে বঢ়াই খামটো ল'লে। খামটো চকুৰ আগত ধৰাৰ লগে লগে তীব্র চেণ্টৰ গোন্ধ তাৰ নাকত লাগিল৷

সি ভাবিলে, খামটো অলপ আগতে নামি যোৱা বৃদ্ধা গৰাকীৰে হ'ব নিশ্চয়। কাৰোবাক দিবলৈ আনিছিল। ল'ৰা-ছোৱালীহালে উদ্ভণ্ডালি কৰি পেলাই থৈ গৈছে হয়তো! নামি যোৱাৰ সময়ত হয়তো মহিলাগৰাকীয়ে কথাটো লক্ষ্যই কৰা নাই। খামটোৰ ভিতৰৰ চিঠিখন পঢ়ি চালেই সকলো গম পোৱা যাব। খামৰ ওপৰত নাম ঠিকনা নাথাকিলেও চিঠিখনত নিশ্চয় নাম ঠিকনা লিখা আছে।

জয়শ্রী ফেন্সি বজাৰত নামি গ'ল। তাই নামি যোৱাৰ সময়ত সুধিলে- বস্তুবোৰ ল'লে নেকি? আৰু আমাৰ বস্তুবোৰ...... জয়শ্ৰীয়ে বাক্যটো ইচ্ছাকৃতভাবেই সম্পূর্ণ নকৰিলে।

জয়শ্ৰীক যাতে বস্তুবোৰৰ বিষয়ে কোনো কথা কোৱা নহয় জোচেফে অৰ্ণৱক আগতেই সাৱধান কৰি দিছিল। কাৰণ তিৰোতা মানুহৰ পেটত কথা নাথাকে ৷ সেয়ে অর্ণৱে জয়শ্ৰীক আভুৱা-ভাঁৰিবলৈ ক'লে- এতিয়া এই খোলা বজাৰত এইবোৰ কথা আলোচনা নকৰাই ভাল৷ কাইলৈ আমি হোটেলত এই বিষয়ে আলোচনা হ'ম।

জয়শ্ৰীয়ে ক'লে- বাৰু। কাইলৈয়ে শুনিম বাৰু। এইদৰে কৈ জয়শ্রী গুচি গ'ল।

অর্ণৱে অটখন একাষৰীয়াকৈ ৰাখি খামটো খুলি চিঠিখন উলিয়ালে। চিঠিখনতো কোনো নাম ঠিকনা নাই। সি কৌতূহল বশতঃ চিঠিখন পঢ়িবলৈ ধৰিলে।

বন্ধুসকল,

বন্ধু বুলিয়ে সম্বোধন কৰিছোঁ । আপোনালোকে আমাক যিমান বুৰ্বক বুলি ভাবিছে, আচলতে আমি সিমান বুৰ্বক নহওঁ। বস্তুবোৰ পৰীক্ষা কৰি নকল পোৱা গ'ল। এনেকুৱা হ'ব পাৰে বুলি আমি আগতেই সন্দেহ কৰিছিলো। কাৰণ মাণিক মুদৈক আমি জানো। আমি এক কথাৰ মানুহ। আপোনালোকে যদি আমাক আচল বস্তুবোৰ দি দিয়ে আমি আপোনালোকক আচল বস্তুবোৰ দি দিম। নহ'লে আমি বস্তুবোৰ পুলিচৰ ওচৰত জমা দিম। যদি জেল লৈ যাবলৈ ইচ্ছা নকৰে তেনেহ'লে আগৰ নিৰ্দ্দেশ মতেই কাম কৰিব। ধন্যবাদ। ইতি-

চিঠিখন পঢ়ি অৰ্ণৱৰ মূৰ গৰম হৈ উঠিল। হতভম্বৰ দৰে সি কিছুসময় নিশ্চল হৈ বহি থাকিল। সোণবোৰ নকল হ'ব কেনেকৈ? জোচেফে নিজে সোণাৰিৰ হতুৱাই পৰীক্ষা কৰাই আচল বুলি কৈছে। এতিয়া সেইবোৰ কেনেকৈ নকল হ'ব। নিশ্চয় জোচেফেই কিবা কৰিছে। কথাটো ভবাৰ লগে লগে তাৰ জোচেফৰ প্ৰতি প্ৰচণ্ড খং উঠি গ'ল। সি নাজানে নেকি যে, ইয়াৰ লগত এজনী ছোৱালীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে! এই মইমতালিৰ বাবে সি জোচেফৰ ওচৰত কৈফিয়ৎ বিচাৰিব আৰু আচল সোণবোৰ দিয়াৰ কাৰণে হেঁচা প্ৰয়োগ কৰিব ৷ কাৰণ যিকোনো উপায়ে আচল সোণ দি ফটোবোৰ উদ্ধাৰ কৰিবই লাগিব। প্রয়োজন হ'লে সি জোচেফৰ বিৰুদ্ধে যাবলৈও প্ৰস্তুত।

অর্ণৱে অট' ষ্টাৰ্ট দিলে৷ লাখটকীয়ালৈ আহি সি জোচেফক অট' ষ্টেণ্ডত থিয় দি থকা দেখিলে।

একেবাৰে ভৰিৰ কাষত অট' ৰখাই দিয়াত জোচেফ উচাপ খাই পিছফালে ঘূৰি চালে। অৰ্ণৱক দেখি সি ক'লে- তুমি! কোৱা খবৰ কি ?

অর্ণৱে জোচেফৰ প্ৰশ্নৰ উত্তৰ নিদি ঔদ্ধত্য ভংগীত কলে- আহক, আপোনাৰ লগত জৰুৰী কথা আছে।

জৰুৰী কথা! জোচেফে নিৰ্বিকাৰভাবে কলে- কি জৰুৰী কথা ?

আপুনি আগতে অট'ত উঠক। কোনো নিৰাপদ ঠাইত বহি কথা পাতিম।

জোচেফ অট'ত উঠি বহিল। সি ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহি এডোখৰ নিৰাপদ ঠাইত অট' ৰাখি দিলে। অট'ৰ পৰা নামি সি এডোখৰ আচুতীয়া ঠাইৰ ফালে আঙুলিয়াই ক'লে- বলক। আমি তাত বহি কথা পাতিম ৷

ঠাইডোখৰত এচটা ডাঙৰ চেপেটা শিল। দুয়ো আহি শিলচটাত বহিল।

অৰ্ণৱৰ মুখমণ্ডল থম্‌থমীয়া। সেয়ে জোচেফেই প্রথমে সুধিলে- কি হ', কোৱাচোন? বস্তুবোৰ কোনোবাই নিলে নেকি?

নিলে। অর্ণৱে চমু উত্তৰ দিলে।

মানুহজনক চিনাক্ত কৰিব পাৰিছা ?

অর্ণৱে জোচেফৰ প্ৰশ্নৰ উত্তৰ নিদি ক'লে- আপোনাৰ প্ৰশ্নৰ উত্তৰ মই পাছত দিম। আগতে কওঁক, আপুনি আচল বস্তুবোৰ ৰাখি নকলবোৰ দিছে কিয় ?

সেইবোৰ আচল, নে নকল তুমি কেনেকৈ জানিলা?

অর্ণৱে লংপেণ্ট্ৰৰ পকেটৰ পৰা খামটো উলিয়াই জোচেফৰ ফালে আগবঢ়াই ক'লে- লওঁক, আপুনি নিজেই পঢ়ি চাওঁক।

জোচেফে খামটো হাতত লৈ কলে- তুমি খামটো পালা ক?

খামটো কেনেকৈ পালে অৰ্ণৱে সেয়া বিৱৰি ক'লে।

খামটো তেনেহ'লে জয়শ্ৰীয়ে প্রথমে পাইছিল ?

অর্ণৱে সন্মতিত মূৰ দুপিয়ালে।

জোচেফৰ ক্ৰযোৰ নাচি উঠিল আৰু কৌতুকত মুখমণ্ডল উজ্জ্বল হৈ উঠিল। সি নিৰ্বকাৰভাবে কলে- তুমি চিন্তা নকৰিবা । এতিয়া কোৱা বস্তুবোৰ কোনে নিছে?

আগতে আপুনি কওঁক, আপুনি নকল সোণবোৰ দিছিল কিয়? অর্ণৱে ঔদ্ধত্য ভংগীত কলে- তাৰ পাছতহে মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম ।

জোচেফে নিষ্পলক দৃষ্টিত অৰ্ণৱৰ ফালে চাই সুধিলে- সামান্য এজনী ছোৱালীৰ কাৰণে তুমি ইমান ব্যস্ত হৈছা কিয়? তাৰ মানে তুমি...... জোচেফে বাক্যটো ইচ্ছাকৃতভাবে আধৰুৱাকৈ এৰিলে ।

জোচেফৰ ইংগিত বুজিব পাৰি অৰ্ণৱ লাজত ৰঙা পৰি গ'ল। সি নিজৰ দুৰ্বলতা ঢাকিবলৈ প্ৰতিবাদ কৰি উঠিল- আচলতে আপুনি যি ভাবিছে, তেনেকুৱা একো নহয়। ছোৱালীজনীৰ লগত বৰ্তমান আমাৰো মান-সন্মানৰ প্ৰশ্ন জড়িত হৈ পৰিছে। তদুপৰি আপুনি জেল- হাজোতলৈ ভয় নকৰিব পাৰে, কিন্তু ম‍ই কৰোঁ। কাৰণ মোৰ এখন সংসাৰ আছে আৰু সংসাৰখন সম্পূর্ণভাবেমোৰ ওপৰত নিৰ্ভৰশীল। মোৰ কিবা হ'লে আমাৰ সংসাৰখন থানাবান হৈ যাব। আপুনি বস্তুবোৰ ক'ত লুকাই ৰাখিছে, মোক দিয়ক। মই সেইবোৰ সিহঁতক দি দিম।

জোচেফে অৰ্ণৱৰ প্ৰশ্নৰ উত্তৰ যেন আগতীয়াকৈয়ে প্ৰস্তুত কৰি ৰাখিছিল। অৰ্ণৱৰ কথা শেষ হোৱাৰ লগে লগে সি ক'লে- আচল বস্তুবোৰ দিলেই যে সিহঁতে আমাৰ বস্তুবোৰ ঘূৰাই দিব এই কথা তুমি ইমান দৃঢ়ভাবে বিশ্বাস কৰিছা কেনেকৈ? আচল বস্তুবোৰ দিলেও সিহঁতে আমাৰ বস্তুবোৰ ঘূৰাই নিদিলেহেঁতেন। দিলে, নকল বস্তুবোৰ নিয়াৰ সময়তেই দিলেহেঁতেন।

আপুনি নকল বস্তুবোৰ দিয়াৰ আঁৰৰ ৰহস্য কি?

ৰহস্য আছে। জোচেফে দৃঢ়কণ্ঠত ক'লে- ছোৱালীজনীক বচাবলৈ হ'লে লম্পটকেইটাক চিনাক্ত কৰাৰ প্ৰয়োজন আছে। লম্পট কেইজনক চিনাক্ত কৰিব পাৰিলেহে আমি ফটোবোৰ উদ্ধাৰ কৰিব পাৰিম। ছোৱালীজনীৰ প্ৰতি মোৰো সহানুভূতি আছে। নয়না যদি জীয়াই আছে, তায়ো বৰ্তমান ছন্দাৰ দৰেই হৈছে। সেয়ে মই নয়না আৰু ছন্দাৰ মাজত কোনো পার্থক্য দেখা নাই। ছন্দাৰ বিপদ মানে এতিয়া আমাৰো বিপদ আমি যিকোনো মূল্যৰ বিনিময়ত ছন্দাক মাণিক মুদৈৰ কবলৰ পৰা উদ্ধাৰ কৰিবই লাগিব। তাইক সেই লম্পটৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে মই মৰিও শান্তি নাপাম । কথাবোৰ কওঁতে জোচেফৰ কণ্ঠস্বৰ বাষ্পৰুদ্ধ হৈ উঠিল।

জোচেফৰ কণ্ঠস্বৰ বাষ্পৰুদ্ধ হৈ উঠাত অৰ্ণৱ লাজত পৰিল। সৰাপাতৰ দৰে তাৰ মুখমণ্ডল শেঁতা পৰি গ'ল। তাৰ সমস্ত খং অভিমান কৰ্পূৰৰ দৰে উৰি গ'ল ৷ সি ক্ষমা খোজাৰ ভংগীত ক'লে- আপোনাৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে মই লজ্জিত৷ মোক ক্ষমা কৰি দিয়ক

জোচেফে অৰ্ণৱক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- লজ্জিত হোৱাৰ কোনো কাৰণ নাই। তোমাৰ ঠাইত মই হ'লে ময়ো তাকেই কৰিলোহেঁতেন ৷ এতিয়া কোৱা, বস্তুবোৰ কোনে নিছে?

বিপাশাই বস্তুবোৰ নিয়াৰ পৰা আৰম্ভ কৰি তাইৰ জীৱনৰ সকলো কথা অর্ণৱে বিৱৰি ক'লে।

অৰ্ণৱৰ মুখত ঘটনাৰ বিৱৰণ শুনি খং আক্রোশত জোচেফৰ চকুত জুই জ্বলি উঠিল। সি সুধিলে- বিপাশা বর্তমান থাকে ক?

মাণিক মুদৈৰ ঘৰত। অর্ণৱে চমুকৈ ক'লে।

আমি আচল বস্তুবোৰ নিদি ভালেই কৰিছো । বৰ্তমান ঘটনাটো বহু স্পষ্ট হৈ পৰিছে। তুমি বিপাশাক তাৰ পৰা উদ্ধাৰ কৰি নানিলে সিহঁতে তাইক হত্যাই কৰিলেহেঁতেন।

হত্যাৰ উদ্দেশ্য?

স্বাৰ্থৰ ব্যাঘাত।

স্বাৰ্থৰ ব্যাঘাত?

এৰা, স্বাৰ্থৰ ব্যাঘাত। জোচেফে ক'লে- আমি এতিয়া বিপাশাক আটক কৰি ৰখা ঘৰটোলৈ যাব লাগিব। কেছেট আৰু ফটোবোৰ আমি তাতেই পাই যাব পাৰো। সিহঁতে তালৈ যোৱাৰ আগতেই আমি তালৈ যাব লাগিব। সিহঁত আমাৰ আগতে তালৈ গ'লে বিপাশাক নাপাই সজাগ হৈ উঠিব আৰু বস্তুবোৰ লৈ যাব। আমি তাৰ পৰা আহিয়ে প্ৰদীপ দত্তক বিচাৰি যাম ৷

কিন্তু ইমান জনবহুল চহৰত সি ক'ত আছে জানিব কেনেকৈ?

সি নিশ্চয় মাণিক মুদৈৰ ঘৰৰ ওচৰতে ক'ৰবাত ঘৰভাড়া লৈ আছে।

আপুনি কেনেকৈ জানিলে ?

জানিছো মোৰ অভিজ্ঞতাৰ পৰা । আৰু এষাৰ কথা মই অনুমান কৰিব পাৰিছো। সেয়া তোমাক ম‍ই পাছত কম বাৰু। এতিয়া বলা, আমি তালৈ যাওঁগৈ।

চল্লিছ মিনিটমানৰ ভিতৰতে সিহঁত বিপাশাক আটক কৰি ৰখা ঘৰটোলৈ আহিল ৷ দুৱাৰত তলা ওলমি আছিল ৷ তলা দেখি অর্ণৱে ক'লে- তলাটো আগৰ দৰেই আছে দেখোন৷ মই তলাটো ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলো ।

তাৰ মানে সিহঁত ইয়ালৈ আহিছিল। জোচেফে এইদৰে কৈ তলাটো বিশেষ ভংগীত মুচৰি দিলে। খট্ কৰি তলাটো খুলি গ'ল ।

অর্ণৱে জোচেফৰ মুখৰ ফালে অবাক দৃষ্টিত চালে। অৰ্ণৱৰ মনোভাৱ বুজিব পাৰি জোচেফে কলে- এইবোৰ ৰাস্তাত ভৰি থোৱাৰ আগতে এনেকুৱা কিছুমান কিটিপ আয়ত্ব কৰিব লগা হয়। বলা, ঘৰৰ ভিতৰলৈ বলা।

দুয়ো ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। ঘৰটোত সিহঁতে কোনো বস্তু নাপালে। এটুকুৰা লিপষ্টিক এঠাইত পৰি থকা দেখিলে। জোচেফে লিপষ্টিকৰ টুকুৰা বুটলি পকেটত ভৰালে।

অর্ণৱে ক'লে- বিপাশাৰ ভেনিটি বেগৰ পৰা পৰি গৈছিল হয়তো।

জোচেফে কলে- বিপাশাৰ বেগৰপৰা পৰা নাই। এনেকুৱা ঘৰত মাজে-সময়ে বসন্তৰ আগমন হয়, তেতিয়া আগমন হয় প্রজাপতিৰ । এই ঘৰবোৰ আচলতে এক শ্রেণী গুণ্ডা বদমাচৰ বিচৰণ স্থলী। মাজে সময়ে যৌৱন আৰু মদৰ গোন্ধত ঘৰৰ বায়ু গধুৰ হৈ উঠে। তাৰেই কোনোবা প্রজাপতিৰ বেগৰ পৰা টুকুৰাটো পৰি গৈছে হয়তো। বলা। ইয়াত বেছি সময় ৰৈ থকাটো নিৰাপদ নহয়। সিহঁতে কিবা জাল পাতিও বহি থাকিব পাৰে ৷

জোচেফৰ শেষৰ কথাফাকি শুনি অৰ্ণৱৰ শৰীৰ জিকাৰ খাই উঠিল। এজাক হিমশীতল বতাহে যেন তাৰ শৰীৰ কঁপাই গ'ল। সি জোচেফৰ পিছে পিছে ওলাই আহিল।*

                                 সোতৰ

জয়শ্রী!

সন্ধিয়া সাত বজা।

জয়শ্ৰী বান্ধৱী অপর্ণাৰ লগত কথা পাতি আছিল ৷

তাইৰ দৰে অপৰ্ণাও ৰিচিপশ্বনিষ্ট। বাঙালী। অপর্ণাৰ লগত জয়শ্ৰীৰ বহুদিনৰ চিনাকি । সিহঁত হোটেলৰ এখন কোঠালিত বহি কথা পাতি আছিল।

পৰিচাৰক এজনে সিহঁতৰ সন্মুখত চাহৰ ট্ৰে নমাই থৈ গ'ল। অপর্ণাই সুধিলে- কি খাবি?

জয়শ্ৰীয়ে ক'লে- একো নাখাও। এইমাত্র হোটেলত চাহ খাই আহিছো। গতিকে সুদা চাহকে খাম

কিন্তু এই ৰাতিপুৱাখন অহাৰ কাৰণ কি? অপর্ণাই কলে- তইতো বিনা মতলবত অহা ভকত নহয়। নিশ্চয় কিবা মতলব আছে। ক' কাৰণে তোৰ ম‍ই কি কৰিব পাৰো ৷

জয়শ্ৰীয়ে চাহৰ কাপত শোহা মাৰি ক'লে- মতলব অৱশ্যেই আছে। মোৰ বন্ধু এজনৰ কাৰণে ৰোম এটা লাগে। নাই নাই, বেছি সময়ৰ কাৰণে নহয় । দুঘণ্টামানৰ কাৰণে দিলেই হ'ব। তাই এজনী ছোৱালী মানে ভাল বান্ধৱী এজনীক লৈ ইয়ালৈ আহিব। কিবা আলোচনা আছে হেনো।

অপৰ্ণাই অৰ্থপূৰ্ণ হাঁহি মাৰি জয়শ্ৰীৰ গাত ঠেলা মাৰিলে ক'লে- বেলেগ ছোৱালী, নে তই নিজেই?

নাই নাই, মই নহয়। জয়শ্ৰীয়ে ক'লে- বেলেগ ছোৱালীয়ে হয়।

কেতিয়া আহিব?

এই ধৰ, এঘণ্টামান পাছত । জয়শ্ৰীয়ে ক'লে- বেছি সময় নাথাকে। দুঘণ্টামান থাকিব হয়তো। এইদৰে কৈ জয়শ্ৰীয়ে কাকত এটুকুৰাত নাম ঠিকনা লেখি দিলে।

অপর্ণাই কলে- অসুবিধা নাই। আহিবলৈ দিলেই হ'ল।

জয়শ্ৰীয়ে অপর্ণাৰ পৰা বিদায় লৈ হোটেল ফৰচুনলৈ আহিল।

তাইক দেখি তাইৰ পৰিৱৰ্তে ৰেচিপশ্বনিষ্টৰ দায়িত্ব চম্ভালি থকা ল'ৰাজনে ক'লে- জোচেফ আপোনাৰ কাৰণে পঁয়ত্ৰিছ নম্বৰ কোঠালিত অপেক্ষা কৰি আছে। আপুনি আহিলেই পঠাই দিবলৈ কৈ গৈছে।

জোচেফৰ নাম শুনি জয়শ্ৰীৰ মুখমণ্ডল শেঁতা পৰি গ'ল ৷ কাৰণ জোচেফৰ লগত তাইৰ দেখা কৰাৰ মুঠেই ইচ্ছা নাছিল । জোচেফে আচল সোণবোৰ লুকুৱাই ৰাখি নকলবোৰ দি অৰ্ণৱ আৰু তাইক মহা সংকট পেলাইছে। যিকোনো মুহূৰ্তত সিহঁতক বিচাৰি পুলিচ আহিব পাৰে ৷ কিন্তু এই সময়ত জোচেফৰ আদেশ অমান্য কৰি তাক জোকাই ল'বলৈও সাহস নহ'ল। সেয়ে তাই জোচেফৰ লগত দেখা কৰিবলৈ ওপৰ মহলালৈ উঠি আহিল।

নির্দিষ্ট কোঠালিটোলৈ আহি দুৱাৰটো একাষৰীয়া কৰি তাই ভিতৰলৈ জুমি চালে। জোচেফ আৰু অৰ্ণৱ মুখা-মুখি হৈ বহি আছিল। থম্‌থমীয়া পৰিৱেশ ৷ অৰ্ণৱৰ চকু-মুখত দুঃচিন্তাৰ ছাপ আৰু জোচেফৰ চকু-মুখত হিংস্ৰ ক্ৰুৰ দৃষ্টি। কোঠালিটোত যেন মৃত্যুৰ স্তব্ধতা বিৰাজ কৰি আছে। যিকোনো মুহূৰ্তত ধুমুহাৰ তাণ্ডৱ আৰম্ভ হ'ব পাৰে ৷

জোচেফৰ মূৰ্তি দেখি জয়শ্ৰীৰ অন্তৰাত্মা কঁপি উঠিল। তাইৰ চেতনা অসাৰ হোৱাৰ উপক্ৰম হ'ল। এক দুৰন্ত ভয়ে তাইক সন্ত্ৰস্ত কৰি তুলিলে।

সৰুৰে পৰাই তাই উচ্চাভিলাষী। উচ্চাভিলাষৰ বাবে তাই কেবাবাৰো বিপদৰ সন্মুখীন হ'ব লগা হৈছে। সোণ বুটলিবলৈ গৈ তাই বাৰে বাৰে ছাই চপাব লগা হৈছে। তাইৰ নাম জয়শ্ৰী যদিও জীৱন যুঁজত তাই বাৰে বাৰে পৰাজয় বৰণ কৰিব লগা হৈছে। যাৰ বাবে তাই সকলোকে হেৰুৱাব লগা হৈছে। মাকক হেৰাইছে, সম্পত্তি হেৰাইছে। মান-সন্মান ভূলুণ্ঠিত হৈছে, নাৰীত্ব অপমানিত হৈছে। এইবোৰ হৈছে একমাত্ৰ মাকৰ হাক-বচন নমনাৰ কাৰণে

তাইৰ মনটো অতীতলৈ উৰা মাৰিলে-

অসমৰে এখন সৰু চহৰত জয়শ্ৰীৰ জন্ম। জন্মৰ পাছত তাই একমাত্ৰ মাক উত্তৰাকে দেখিবলৈ পাইছে। মাকে কোৱা মতে, তাইৰ জন্মৰ ছমাহ আগতে তাইৰ দেউতাক মটৰ একচিডেণ্টত ঢুকাইছে। দেউতাক স্থানীয় কলেজ এখনৰ শিক্ষক আছিল ৷ মাক উত্তৰা আছিল বাননিয়ন্ত্ৰণ বিভাগৰ নিন্মবর্গ সহায়ক। দুটা প্ৰাণীৰ সৰু পৰিয়াল। মাকৰ মৰম-চেনেহৰ কাৰণে তাই দেউতাকৰ অভাৱ অনুভৱ কৰা নাছিল। একমাত্ৰ সন্তান কাৰণে মাকে তাইক যথেষ্ট মৰম-চেনেহ কৰিছিল। মাটিত থ'লে পৰুৱাই খায়, মূৰত ল'লে ওকণিয়ে খায়, তাইক লৈ মাকৰ এনেকুৱা দুঃশ্চিন্তা আছিল। মাকৰ এই দুৰ্বলতাৰ সুযোগলৈয়ে তাই মেট্ৰিক পাছ কৰাৰ পাছত লেকামহীন ঘোঁৰাৰ দৰে নিজৰ জীৱনৰ প্ৰতি নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।

দীর্ঘাংগী লাৱণ্যময়ী তনু। বহল চঞ্চল চকু। ৰেচমৰ দৰে মোলায়েম শ্যাম্পু কৰা ক'লা চুলি। হাস্য-লাস্য-কটাক্ষত শাওঁণৰ ভৰা নদীৰ দৰে যৌৱন। তাই কেতিয়াবা দিঠকতে সপোন দেখে- চিনেমাৰ নায়িকা হোৱাৰ সপোন- এয়াৰ হোষ্টেছ হোৱাৰ সপোন।

কলেজ পোৱাৰ লগে লগে বাৰিষাৰ ঢলৰ দৰে তাইৰ বন্ধু-বান্ধৱৰ সংখ্যা বাঢ়ি আহিল৷ তাই লেখা-পঢ়াৰ প্ৰতি পিঠি দি বন্ধু-বান্ধৱলৈ ব্যস্ত হৈ পৰিল। হৈ চৈ কৰি সময় পাৰ কৰা হ'ল। চেনিৰ গোন্ধ পাই পৰুৱাই লানি ধৰাৰ দৰে কিছুমান উদণ্ড যুৱক তাইৰ পাছত লাগিল । সিহঁতে নানা প্রলোভন, যেনে চিনেমাৰ নায়িকা অথবা এয়াৰ হোষ্টেছ হোৱাৰ সপোন দেখুৱাই তাইক পথভ্ৰষ্ট কৰি তুলিলে ।

তাইৰ এই অধঃপতনৰ কথা মাকৰ চকুতো ধৰা পৰিল। একমাত্ৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এদিন মাকে তাইক কাষত বহুৱাই উপদেশৰ সুৰত ক'লে- চা, জয়া, তয়ে মোৰ একমাত্র সন্তান ৷ তোক বুকুত সাৱটিয়ে মই তোৰ দেউতাৰৰ শোক পাহৰি আছো৷ এইখন চহৰত ভাল মানুহ বুলি তোৰ দেউতাৰৰ যথেষ্ট সুনাম আছিল। এতিয়াও আছে। তোৰ দ্বাৰা দেউতাৰৰ সন্মান ক্ষুণ্ণ হোৱাটো ম‍ই বিচৰা নাই। ক্লাৱ, ৰেষ্টোৰাঁ, পাৰ্টি এইবোৰ এৰি মনপুতি পঢ়া-শুনা কৰ৷

মাকৰ উপদেশ মিহলি অভিযোগ শুনি জয়শ্ৰীয়ে শিশুসূলভ অন্তৰংগতাৰে ক'লে- তুমি এইবোৰ কি কৈছা, মা? মইতো কোনো বেয়া কাম কৰা নাই। ক্লাৱ, ৰেষ্টোৰাঁলৈ অৱশ্যে যাওঁ। মাথোন ময়ে নহয়, আন বহুতো ছোৱালীয়ে যায়। জয়শ্ৰীয়ে মাকৰ গা চুই ক'লে- ঠিক আছে, আজিৰ পৰা ক্লাৱ, ৰেষ্টোৰাঁলৈ নাযাওঁ বুলি তোমাৰ গা চুই প্ৰমিচকৰিলো।

মাকৰ কথা ভাবি তাই কিছুদিন ক্লাৱ, ৰেষ্টোৰাঁলৈ যাবলৈ এৰিলে। কিন্তু তাই সেই প্ৰমিচৰাখিব নোৱাৰিলে। এদিন প্রশান্ত নামৰ ডেকা এজনে তাইক লগ ধৰি ক'লে- জয়া, আজি-কালি দেখোন তোমাক একেবাৰে লগ নোপোৱাই হ'লো। তুমি নাথাকিলে আমাৰ আড্ডাই নজমে। তোমাৰ ৰূপৰ দ্যুতিৰেই যেন আমি উদ্ভাসিত হৈ আছিলো । তুমি নাই কাৰণে যেন সকলো নিষ্প্রভ হৈ পৰিছে।

প্ৰশান্তৰ প্ৰশংসাত জয়শ্ৰী ৰোমাঞ্চিত হৈ উঠিল; কিন্তু মাকৰ কথা ভাবি তাই আহত কণ্ঠত ক'লে- বৰ্তমান মই পাৰ্টি-ছাৰ্টি এৰি দিছো। আয়ে এইবোৰ ভাল নাপায় । মই আইৰ মনত দুখ দিব বিচৰা নাই। ইফালে সমাজেও এইবোৰ ভাল চকুৰে নেদেখে।

জয়শ্ৰীৰ কথাত প্ৰশান্ত আহত হ'ল যদিও পাছমুহূর্ততে সি নিজক চম্ভালি প্রতিবাদ কৰি উঠিল- বাদ দিয়া তোমাৰ সমাজ। সমাজে তোমাক পৰামৰ্শহে দিব, তোমাৰ কেৰিয়াৰগঢ়ি নিদিয়ে। তোমাৰ কেৰিয়াৰ তুমি নিজেই গঢ়িব লাগিবতাত বাধা বিপত্তি আহিব আৰু সেইবোৰ তুমি নিজেই জয় কৰিব লাগিব। খুড়ীৰ কথা বাদ দিয়া। তাই এলান্ধুকলীয়া ৰীতি-নীতিত বিশ্বাসী মানুহ। বর্তমান যুগৰ কথা তাই একো নাজানে। তোমাৰ ৰূপ আছে- প্ৰতিভা আছে। তোমাৰ অভিনয় প্রতিভা অতুলনীয়। আমি আটায়ে তোমাক লৈ গৰ্ব কৰো। এইবাৰ প্রশান্তই টোপ পেলালে- আচলতে আজি মই তোমাক লগ কৰাৰ উদ্দেশ্য আছে। মই ফিল্ম কোম্পানী এটাত তোমাৰ আৰু মোৰ কাৰণে আবেদন কৰিছিলোঁ। মোৰ আবেদন নাকচ হৈছে। কোম্পানীয়ে তোমাক ইণ্টাৰভিউৰ কাৰণে মাতিছে। আবেদনৰ লগত তোমাৰ ফটো পঠাইছিলো । তোমাৰ ফটো চাই কোম্পানীৰ খুব পছন্দ হৈছে। ভাগ্য ভাল হ'লে প্ৰথমখন চিনেমাতে নায়িকাৰ ৰোলো' পাই যাব পাৰা। এয়া চোৱা আজি কলিং লেটাৰ আহিছে। এইদৰে কৈ প্ৰশান্তই লংপেণ্টৰ পকেট খেপিয়াবলৈ ধৰিলে। কিন্তু সি লেটাৰখন নাপাই কলে- লেটাৰখন ভুলতে ঘৰত এৰি আহিলো। আচলতে এইদৰে তোমাক লগ পাই যাম বুলি ভবাও নাছিলো। গতিকে অনা নহ'ল। কাইলৈ লৈ আহিম, বাৰু দহ হাজাৰ মান টকা যোগাৰ কৰা তোমাক মই বোম্বেলৈ লৈ যাম।

প্রশান্ত ধনী মাক-বাপেকৰ একমাত্র সন্তান। কিন্তু অধঃপতিত। লেখা-পঢ়াৰ প্ৰতি তাৰ মুঠেই ধাউতি নাই। তিনিবাৰ বি, এ পৰীক্ষাত বহি সি উত্তীৰ্ণ হ'ব পৰা নাই। খেলা-ধূলাৰ প্ৰতি তাৰ খুবেই ৰাপ । সি ভলীবল খেলে। ইতিমধ্যে দুবাৰ জিলা দলক প্রতিনিধিত্বও কৰিছে। খেলা- ধূলাৰ লগতে অভিনয়ৰ প্ৰতিও তাৰ যথেষ্ট ৰাপ আছে। স্কুল-কলেজত বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ উপৰিও সি থিয়েটাৰতো অভিনয় কৰিছে। চিনেমাত অভিনয় কৰাৰ কাৰণে সি দুবাৰ বোম্বেলৈ গৈ ইণ্টাৰভিউও দিছে। কিন্তু সফল হ'ব পৰা নাই। চেহেৰাপাতি ভাল । দীর্ঘ আকৰ্ষণীয় শৰীৰ। ওঁঠৰ কোণত সদায় এমোকোৰা হাঁহি লাগি থাকেধুনীয়া ছোৱালীৰ প্ৰতি তাৰ দুৰ্বলতা আছে। ধুনীয়া ছোৱালী দেখিলে সি উপযাচিয়ে প্ৰেমত পৰে আৰু ছোৱালীবোৰেও তাৰ অভিনয় দক্ষতা আৰু ব্যক্তিত্বলৈ চাই আগ-পাছ নাভাবি অৱলীলাক্রমে তাৰ আহ্বানত সঁহাৰি দিয়ে। এইদৰে সি কিমান ছোৱালীৰ প্ৰেমত পৰিছে তাৰ সঠিক হিচাপ হয়তো সি নিজেও নাজানে৷

জয়শ্ৰীৰো অভিনয়ৰ প্ৰতি দুর্বলতা আছে। তাই ইতিমধ্যে দুই এটা একাংকিকাত অভিনয় কৰিছেও। অভিনয় কৰি তাই দৰ্শকৰ প্ৰশংসাও বুটলিছে। প্রশান্তৰ লগতো তাই কলেজৰ দুখন নাটকত অভিনয় কৰিছে। সেই অভিনয়ৰ সূত্রেই তাইৰ প্ৰশান্তৰ লগত ঘণিষ্টতা হৈছিল। প্রশান্তই তাইক চিনেমাত অভিনয় কৰাৰ সপোনো দেখুৱাইছিল। তাইৰ খুব চখো চিনেমাত অভিনয় কৰাৰ। চিনেমাত অভিনয় কৰিব পাৰিব বুলি তাইৰ আত্মবিশ্বাসো আছে। কিন্তু মাকৰ আপত্তিৰ কাৰণে তাই হাত-ভৰি গোটাই থাকিবলৈ বাধ্য হৈছে।

সেয়ে তাই প্রশান্তৰ কথা শুনি ৰোমাঞ্চিত হৈ উঠিল। কিন্তু মাকৰ কথা ভাবি তাই কিছু সংকোচিতও হৈ উঠিল। ইফালে প্ৰশান্তই কোৱা কথাটো সঁচা, নে মিছা এই বিষয়েও তাইৰ সংশয় উপজিছিল।

সেয়ে তাই উৰহীৰ ওৰ পাবলৈ ক'লে- মিছা কথা! তুমি মোক আভুৱা-ভাঁৰিছা ?

টোপ গিলিব বুলি ভাবি প্রশান্তই অভিমান কৰি ক'লে- তুমি মোক অবিশ্বাস কৰিছা? চিঠিখন দেখুৱালেতো বিশ্বাস কৰিবা? কাইলৈয়ে বাৰু তোমাক চিঠিখন দেখুৱাম।

চিঠিখন দেখুৱাব বুলি কোৱাত জয়শ্ৰীৰ কথাটো বিশ্বাস হ'ল। তাই অভিমান কৰি ক'লে- তোমাক আকৌ ক'ত অবিশ্বাস কৰিলো ৷ কথাটো মই ডিফিনিট' 'বলৈহে কৈছোঁ ।

পাছদিনা প্রশান্তই জয়শ্ৰীক এখন টাইপ কৰা চিঠি দেখুৱালে । প্ৰশান্তই কোৱা মতে সাক্ষাৎকাৰৰ বাবে মাতি পঠিওৱাটো সঁচাকোম্পানীৰ ছীল মোহৰো মাৰা আছে চিঠিখনত। সেয়ে অবিশ্বাস কৰাৰ কাৰণ নেদেখি তাই মাকক চিঠিখন দেখুৱাই ক'লে- ডাঙৰ চাঞ্চ, মা। যদি কেনেবাকৈ সাক্ষাৎকাৰত উত্তীৰ্ণ হ'ব পাৰো, তেনেহ'লে মই ফিল্মত অভিনয় কৰাৰ চাঞ্চ পোৱাটো খাটাং।

মাকে চিঠিখন ঘূৰাই-পকাই পঢ়ি সন্দিগ্ধ সুৰত ক'লে- কিন্তু চিঠিখনতো ভুৱাও হ'ব পাৰে ! আগতে কথাটো ভালদৰে জানি লতদুপৰি উচ্চাকাংক্ষা থকাটো মই বেয়া বুলি ক'ব খোজা নাই। কিন্তু সেই আকাংক্ষাৰো এটা সীমা থকা উচিত। নিজৰ সামৰ্থ অনুসৰিহে গদা নিৰ্বাচন কৰিব লাগে। বোম্বেলৈ যোৱাৰ আগতে তই তোৰ অভিনয় দক্ষতা কিমানখিনি তাকো জুকিয়াই চাব লাগিব । অভিনয় এক কলা। দুই এখন একাংকিকাত অভিনয় কৰি ফিল্মষ্টাৰহোৱাৰ সপোন দেখাটো অলীক কল্পনাৰ বাহিৰে একো নহয়আগতে অধ্যয়ন শেষ কৰ, লাগিলে মই নিজে তোক বোম্বেলৈ লৈ যাম।

উচ্চাকাংক্ষাই মানুহক উন্মাদ কৰে- হিতাহিত জ্ঞানশূন্য কৰে । জয়শ্ৰীৰ ক্ষেত্ৰতো সেয়াই হ'ল। অভিনেত্ৰী হোৱাৰ অলীক কল্পনাই তাইক উন্মাদ কৰি তুলিলে আৰু তাইৰ অন্তৰত জ্বলি থকা আকাংক্ষা নামৰ জুইকুৰাত ঘৃতাহুতি দি প্রশান্তই সেই আকাংক্ষা দ্বিগুণ কৰি তুলিলে । গতিকে তাই মাকৰ বিৰোধিতা সত্বেও এদিন মাকৰ চহী জাল কৰি বেংকৰ পৰা পঞ্চাছ হাজাৰ টকা উলিয়াই প্ৰশান্তৰ লগত বোম্বেলৈ উৰা মাৰিলে৷

বোম্বেলৈ যোৱাৰ কেইদিনমান পাছতে জয়শ্ৰীয়ে উপলব্ধি কৰিব পাৰিলে সকলো মিছা। প্রশান্তই তাইক আভুৱা-ভাঁৰিছে। মাকে সন্দেহ কৰা ধৰণেই চিঠিখন ভুৱা। কিন্তু প্রশান্তৰ হাতৰ মুঠিৰপৰা ওলাই অহাৰো তেতিয়া তাইৰ সম্বল নাছিল। কাৰণ সৰল বিশ্বাসত তাই সকলো টকা প্রশান্তৰ হাতত জমা দিছিল। প্রশান্তই কেইদিনমানৰ ভিতৰতে সেই টকা মদ আৰু জুৱাৰ পাছত উৰুৱাই দিলে। সিহঁত গৈ হোটেলত আছিলশেষত গৈ হোটেলৰ বিলো বাকী পৰিল

সিহঁত থকা হোটেলৰ কোঠালিত প্রশান্তই এদিন সন্ধিয়া এজন মানুহ লৈ আহিল । প্রশান্ত আহিয়ে মানুহজনলৈ আঙুলিয়াই ক'লে- জয়া, তুমি এওঁৰ লগত কথা পাতা, ম‍ই বিশেষ কাম এটাত বাহিৰলৈ গৈ আছো ৷ অলপ পাছতে ঘূৰি আহিম। এইদৰে কৈ প্ৰশান্তই তাইক একাষৰীয়াকৈ মাতি আনি ক'লে- এওঁ ফিল্ম কোম্পানীৰ মানুহ। এওঁক সন্তুষ্ট কৰাৰ চেষ্টা কৰা। এওঁ সন্তুষ্ট হ'লে ভাল চাঞ্চ এটা পাই যাবা ।

প্রশান্ত ওলাই যোৱাৰ পাছত মানুহজনে জয়শ্ৰীক প্ৰশংসা কৰি ক'লে- তোমালোক অসমীয়া ছোৱালীবোৰ বৰ ধুনীয়া। কিন্তু তোমালোক বৰ লাজকুৰীয়া । লাজকুৰীয়া কাৰণেই চিনেমাত চাঞ্চ পোৱাত অসুবিধা হয়। প্রশান্তই তোমাৰ অভিনয় দক্ষতাৰ কথা মোক কৈছে। তোমাক মই পাৰ্ট এটা পোৱাই দিয়াৰ কাৰণে চেষ্টা লাগি আছো। আমি অলপতে এখন চিনেমা কৰিম। তোমাৰ ভাগ্য ভাল হ'লে তাত হিৰোইনৰ ৰোলটো পাই যাবা ।

মানুহজনৰ পিন্ধনত চকলেট ৰঙৰ লংপেণ্ট। গাত ক'লা বৰণৰ কোট। বয়স পঞ্চাছৰ ওচৰা-উচৰি। আন সময়ত হ'লে খবৰটো শুনি তাই জঁপিয়াই উঠিলহেঁতেন। কিন্তু এতিয়া পৰিস্থিতি অলপ বেলেগ। সেয়ে মানুহজনৰ প্ৰশংসা তাইৰ গাত বেজিৰ খোচৰ দৰে বিন্ধিবলৈ ধৰিলে৷ এক অজান আশংকাত তাইৰ অন্তৰাত্মা কঁপি উঠিল। এই কেইদিনত তাই চহৰৰ মানুহখিনিক ভালদৰেই চিনিব পাৰিছে। নিস্বাৰ্থভাবে এইখন চহৰত কোনেও কাকো প্রশংসা নকৰে

জয়শ্রীক মনে মনে থকা দেখি মানুহজনে পুনৰ ক'লে- কি ভাবি আছা ? তোমাক মোৰ বৰ পছন্দ হৈছে।

মানুহজনৰ কথা শুনি বিদ্ৰোহৰ এজাক ধুমুহা তাইৰ হৃদয়ত পাক খাই উঠিল । তথাপি তাই নিজক সংযত কৰি শান্তভাবেই ক'লে- আপুনি অনুগ্ৰহ কৰি কোঠালিৰ পৰা ওলাই যাওঁকম‍ই বৰ্তমান মানসিকভাবে সুস্থ নহয় ।

মানুহজনে বিস্মিত কণ্ঠত কলে- তুমি কি ক'ব খুজিছা ?

বিৰক্তিত জয়শ্ৰীৰ মুখমণ্ডল কোঁচ খাই গ'ল। তাই উপহাসৰ সুৰত কলে-আপুনি সোধা প্ৰশ্নটো মইহে আপোনাক সুধিব লাগিছিল।

মানুহজনে জয়শ্ৰীৰ ফালে চাই ঔদ্ধত্য ভংগীত ক'লে- কিয়, প্রশান্তই তোমাক মোৰ বিষয়ে একো কৈ যোৱা নাই নেকি?

জয়শ্ৰী বিৰক্ত হৈ উঠিল৷ ক'লে- নাই কোৱা । আপুনি কোন তাকো মই নাজানো । আপুনি এতিয়া যাওঁক। প্রশান্ত আহিলে আহিব

মানুহজনে প্রলাপ বকাৰ দৰে ক'বলৈ ধৰিলে- নাই নাই, মই নাযাওঁ। তুমি কলেই মই যাম নেকি? তোমাৰ লগত নিশা কটাম বুলি ম‍ই প্রশান্তক এহেজাৰ টকা দিছো। তুমি প্রশান্তৰ স্ত্ৰী......

জয়শ্ৰীৰ ধৈৰ্যচ্যুতি ঘটিল৷ ক্ষোভ-আক্রোশত তাইৰ তেজৰ গতি বাঢ়ি গ'ল । শিৰা-উপশিৰা স্ফীত হৈ উঠিল। তাই মানুহজনৰ মুখৰ পৰা কথা কাঢ়ি নি কলে- মই প্ৰশান্তৰ স্ত্ৰী ! প্রশান্তই মোক তোমাৰ ওচৰত নিশাটোৰ কাৰণে বিক্ৰী কৰিছে? যোৱা, এতিয়াই কোঠালিৰপৰা ওলাই যোৱা ৷ নহলে মই চিঞৰি মানুহ মাতিম।

জয়শ্ৰীৰ ধমকিত মানুহজনে ভয় নাখালে। বৰং সি আৰু অধিক দৃঢ়কণ্ঠত কলে- প্রশান্ত নহালৈকে ম‍ই ক'লৈকো নাযাও। প্ৰশান্ত আহি টকাকেইটা ঘূৰাই দিলেহে যাম ।

জয়শ্ৰীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱৰ উপক্ৰম হ'ল। তাই ক্রোধ-আক্রোশত অধীৰা হৈ মানুহজনৰ ফালে গিলাচ এটা দলিয়াই দিলে।

মানুহজনে গিলাচটো হেলাৰঙে ধৰি মজিয়ালৈ বুলি দলিয়াই দিলে। মজিয়াত পৰি গিলাটো ভাঙি চূৰমাৰ হৈ গ'ল।

জয়শ্রী ক্ৰোধত অস্থিৰ হৈ উঠিল । তাই বাঘিনীৰ দৰে গৰ্জি উঠিল- যাওঁকসোনকালে কোঠালিৰ পৰা ওলাই যাওঁক । নহ'লে ম‍ই পুলিচ মাতিম

মানুহজনে মুখেৰে একো নক'লে। সি ক্ষুধার্ত বাঘৰ দৰে জয়শ্ৰীৰ ফালে আগবাঢ়িবলৈ ধৰিলে। মানুহজনৰ হিংস্ৰ মূৰ্তি দেখি জয়শ্ৰী কোঠালিৰ পৰা ওলাই যোৱাৰ কাৰণে দুৱাৰৰ ফালে লৰি গ'ল। জাঁপ মাৰি আহি মানুহজনে তাইক সাৱটি ধৰি দুৱাৰত ছিটকনিডাল লগাই দিলে।

মানুহজনৰ কবলৰ পৰা মুক্ত হোৱাৰ কাৰণে জয়শ্ৰীয়ে তাক কিল-ভুকু মাৰিবলৈ ধৰিলে। মানুহজনে কিল-ভুকুবোৰ নির্বিবাদে হজম কৰি মেকুৰীয়ে নিগনি পোৱালি ধৰি নিয়াৰ দৰে জয়শ্ৰীক দাঙি আনি বিছনাত পেলাই দি তাইৰ ওপৰত জঁপিয়াই পৰিল। যুঁজি যুঁজি এটা সময়ত জয়শ্রী নিস্তেজ হৈ পৰিল

ৰাতিপুৱা মানুহজন বিজয়ী বীৰৰ দৰে হোটেলৰ পৰা ওলাই গ'ল।

জয়শ্ৰীয়ে অনুশোচনাত দগ্ধ মনলৈ প্ৰশান্তৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। কিন্তু প্রশান্ত নাহিল।

এই ঘটনাৰ পাছত তাই প্রশান্তৰ কাৰণে চাৰি দিন অপেক্ষা কৰিলেকিন্তু প্রশান্ত নাহিল। তাই নিজে খবৰ কৰিও প্ৰশান্তৰ কোনো শুংসূত্ৰ উলিয়াব নোৱৰিলে। ইফালে হোটেলৰ মেনেজাৰে বিলৰ কাৰণে তাগিদা দিবলৈ ধৰিলে। বাধ্য হৈ তাই তাইৰ দুৰ্গতিৰ কথা জনাই মাকলৈ টেলিগ্ৰাম কৰিলে। এসপ্তাহ অপেক্ষা কৰাৰ পাছতো তাইৰ মাকৰপৰা কোনো উত্তৰ নাহিল। ফলত টকাৰ চিন্তাত তাই অস্থিৰ হৈ উঠিল। অৱশেষত নিৰাশ হৈ তাই প্রাইভেট কোম্পানীত চাকৰি বিচাৰিবলৈ ধৰিলে। তেনেকৈ চাকৰি বিচাৰি থাকোঁতেই তাই অৱশেষত কলগার্ল ৰেকেট' এটাত সোমাই পৰিল। নিৰুপায় হৈ তাই তাতে কাম কৰিবলৈ বাধ্য হ'ল।

দুমাহমান পাছত তাই বস্তি এলেকা এটাত প্ৰশান্তৰ মৃতদেহ পৰি থকা দেখিলে ৷ প্ৰশান্তৰ মৃতদেহ দেখি এফালে তাইৰ বেয়া লাগিল যদিও আনফালে ভালেই পালে । যিয়ে হওঁক প্রশান্তই তাৰ কৃতকৰ্মৰ ফল হাতে হাতে পাইছে !

কলগাৰ্ল হিচাপে চাৰিটা বছৰ বোম্বেত কটোৱাৰ পাছত এবছৰমান আগতে তাই গুৱাহাটীলৈ আহিছে। তাই গুৱাহাটীলৈ আহি জানিব পাৰিছে, তাইৰ মাকে সকলো সম্পত্তি আশ্রম এটাত দান কৰি কাশীলৈ গুচি গৈছে। অৱশেষত নিৰুপায় হৈ তাই হোটেল ফৰচনত ৰেচিপশ্বনিষ্ট হিচাপে কাম কৰি আছে। ৰেচিশ্বনিষ্টৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত জোচেফেই তাইক সহায় কৰিছিল। গতিকে তাই জোচেফক সন্মান কৰাৰ লগতে সমীহ কৰি চলে। গতিকে জোচেফৰ থমথমীয়া মূৰ্তি দেখি ভয়ংকৰ কিবা ঘটিছে বুলি আশংকা কৰি তাই অস্থিৰ হৈ উঠিছিল।

অতীত ৰোমন্থন কৰি জয়শ্ৰীয়ে মনত সাহস সঞ্চয় কৰি কোঠালিৰ ভিতৰলৈ সোমাই আহিলতাই ভয় জয় কৰাৰ কাৰণে শুকান হাঁহি মাৰি ক'লে- আপোনালোক এইটো কোঠালিত আছে বুলি খবৰ পায়ে পোনে পোনে ইয়ালৈ আহিলো। পিছে কওঁক, বস্তুবোৰ কি হ'?

 জোচেফে সন্ধানী দৃষ্টিত জয়শ্ৰীৰ ফালে চাই ক'লে- সিহঁতে অমাৰ বস্তুবোৰ লৈছে ঠিকেই, কিন্তু আমাৰ বস্তুবোৰ দিয়া নাই

জয়শ্ৰীৰ মুখখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। তাই উদ্বেগ প্রকাশ কৰি ক'লে- এতিয়া কি কৰাৰ কথা ভাবিছে?

তাকেইতো ইমান সময় আলোচনা কৰিলো । অর্ণৱে ক'লে- আপোনাৰ কাৰণে বহু সময় ৰৈ আছিলো, কিন্তু আপোনাৰ পলম দেখি আমি দুজনেই সিদ্ধান্ত এটা লৈছোঁ।

সিদ্ধান্ত মানে? জয়শ্ৰীয়ে সুধিলে- কি সিদ্ধান্ত ল'লে ?

সিদ্ধান্ত মানে আজি নিশা আমি ব্লেকমেলাৰক হত্যা কৰাৰ কথা ভাবিছোঁ। তাক হত্যা কৰি হ'লেও মই সেই ফটোবোৰ উদ্ধাৰ কৰিম। ইয়াৰ বাহিৰে ম‍ই বৰ্তমান বেলেগ উপায় দেখা নাই। কাৰণ আমি ছন্দাৰ ক্ষতি হবলৈ দিব নোৱাৰো। এইদৰে কৈ সি জয়শ্ৰীক আশ্বাস দিয়াৰ কাৰণে ক'লে- নাই নাই, তোমালোকৰ কোনো অসুবিধা নহয়। যি কৰিব লাগে মই নিজেই কৰিম আৰু জেললৈ যদি যাব লগা হয় ম‍ই নিজেই যাম ৷

জয়শ্ৰীৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। তাই সংশয় প্রকাশ কৰি ক'লে- কেনেকৈ হত্যা কৰিব। সিহঁতক চিনাক্ত কৰিব পাৰিছে নেকি ?

 চিনাক্ত কৰিব নোৱাৰিলে কেনেকৈ হত্যা কৰিমজোচেফে দৃঢ় কণ্ঠত ক'লে- নিশ্চয় চিনিব পাৰিছো। সিহঁতৰ ঘৰৰ সন্ধানো ম‍ই উলিয়াইছো। কিন্তু সাৱধান এই কথা ভুলেতো কাকো নকবা

কিন্তু কোন সেই ব্লেকমেলাৰ? জয়শ্ৰীয়ে ক'লে- মই জানিব পাৰিম নেকি? প্রয়োজন হ'লে মই আপোনাক এই কামত সাহয় কৰিব বিচৰো। তাৰ কাৰণেই আমাৰ সকলো আশাত চেঁচা পানী পৰিছে। এইদৰে কৈ জোচেফৰ আস্থা অৰ্জনৰ কাৰণে ক'লে- নাই নাই, যদি আপত্তি আছে ক'ব নালাগে ।

নাই নাই, কোনো আপত্তি নাই। জোচেফে কলে- তোমাক কোৱাত কোনো আপত্তি থকাৰ কথাও নহয়। কাৰণ তুমিওতো আমাৰে এজন।

কোন সেই বদমাচ? জয়শ্ৰীয়ে সুধিলে।

জোচেফে কাল বিলম্ব নকৰি ক'লে- প্ৰদীপ দত্ত ।

প্রদীপ দত্ত! জয়শ্ৰী প্ৰতিবাদ কৰি উঠিল-নাইনাই, প্ৰদীপ দত্তই এনেকুৱা কাম কৰিব নোৱাৰে ৷ মই জনা মতে সি এজন ব্যৱসায়ী মানুহ ৷ তাৰ ভাল ব্যৱসায় আছে। সি এনেকুৱা কাম কিয় কৰিবলৈ যাব?

ভাল মানুহ যেন লাগিলেও সি আচলতে অন্ধকাৰ জগতৰ মানুহ। জোচেফে ক'লে- মানুহক দেখুৱাৰ কাৰণে তাৰ ব্যৱসায় । তাৰ আচল ব্যৱসায় ব্লেকমেইলিং। অৱশ্যে প্ৰদীপ দত্ত অকলে এই কামৰ লগত জড়িত নহয় । তাৰ লগতে আৰু দুজন মানুহ আছে। কিন্তু আমি সেই মানুহ দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। প্ৰদীপ দত্তক ধৰিব পাৰিলে, সিহঁত দুজনকো চিনাক্ত কৰিব পাৰিম বুলি আশা কৰিছো ৷

প্রদীপ দত্ত বৰ্তমান ক'ত আছে? জয়শ্ৰীয়ে সুধিলে- কিবা খবৰ পাইছে নেকি?

সেই কথা এতিয়া আমাৰ নিৰাপত্তাৰ খাতিৰত প্ৰকাশ নকৰোঁ। জোচেফে কলে- বেয়া নাপাবা । কিন্তু এটা কথা ঠিক যে আজি নিশাই হব তাৰ শেষ নিশা। জোচেফৰ মুখত বিজয়ৰ হাঁহি। অৰ্ণৱৰ ফালে চাই সি জয়শ্ৰীৰ অলক্ষিতে অৰ্থপূৰ্ণ হাঁহি মাৰিলে ৷

জয়শ্ৰী হঠাৎ ব্যস্ত হৈ উঠিল । তাই বহাৰ পৰা উঠি ক'লে- মোৰ দৰে তিৰোতা মানুহে সেইবোৰ কথা জানি লাভো নাই । বাৰু, আপোনালোক বহক। আপোনালোকৰ কাৰণে ম‍ই চাহ পঠাই দি আছো ।

জোচেফে ব্যস্তভাবে কলে- নাই নাই, নালাগে। এতিয়া চাহ খোৱাৰ মুঠেই ইচ্ছা নাই। তুমি যোৱা.....

জয়শ্ৰী কোঠালিৰ পৰা ওলাই গ'ল ।

অর্ণৱে ক'লে- আপোনাৰ অনুমান তেনেহ'লে সঁচা। জয়শ্রীও আছে সিহঁতৰ লগত ?

এৰা। জোচেফে কলে- মোৰ অনুমান এশ শতাংশ সঁচা । নাচালানে, প্রদীপ দত্তক বচোৱাৰ কাৰণে তাই কেনেকৈ তাৰ ছাফাই গালে৷

আপুনি বুজিলে কেনেকৈ ?

তাইৰ কিছুমান আচৰণৰ পৰা মই আগতেই কিছু সন্দেহ কৰিছিলো। জোচেফে কথাটো বুজাই ক'লে- কালি সেই ঘৰটোত পোৱা লিপষ্টিকৰ পৰা মই কথাটো নিশ্চিত হৈছো। কাৰণ তাইৰ লিপষ্টিকৰ বৰ চখ। কাউণ্টাৰত বহি থকা অৱস্থাতো তাই মাজে-সময়ে ওঁঠত লিপষ্টিক ঘঁহে। তাই ব্যৱহাৰ কৰা লিপষ্টিক আৰু ঘৰটোত পোৱা লিপষ্টিকৰ ৰং একে। তাৰ পৰাই মই সেই লিপষ্টিকৰ টুকুৰা তাইৰ বুলি অনুমান কৰিছিলো।

: কিন্তু তাইক প্রদীপ দত্তৰ বিষয়ে এইদৰে খোলা-খুলিভাবে কোৱাৰ কাৰণ কি?

: প্ৰদীপ দত্তৰ ঘৰটো চিনাক্ত কৰাৰ কাৰণে তেনেকৈ কোৱাটো জৰুৰী আছিল ৷

: তাই যদি ফোন কৰি প্ৰদীপ দত্তক কথাটো জনাই দিয়ে? অর্ণৱে ক'লে- তেতিয়া দেখোন সি সজাগ হৈ যাব।

: ফোন কৰিব নোৱাৰে। কাৰণ মই মানুহ লগাই ইতিমধ্যেই হোটেলৰ ফোনটো বিকল কৰি থৈছো । এতিয়া প্ৰদীপ দত্তৰ ঘৰলৈ গৈ খবৰ দিয়াৰ বাহিৰে তাইৰ বেলেগ উপায় নাই। মোৰ অভিজ্ঞতাই কৈছে, তাই প্রদীপ দত্তক আসন্ন বিপদৰ কথা জনাবলৈ এতিয়া উদগ্ৰীৱ হৈ উঠিছে। ফোনত যোগাযোগ কৰিব নোৱাৰিলে তাই নিজেই যাব তাক সতৰ্ক কৰিবলৈ । তেতিয়াই ম‍ই তাইৰ পিছ লৈ প্ৰদীপ দত্তৰ ঘৰৰ ঠিকনা উলিয়াবলৈ সক্ষম হ'ম। প্রদীপ দত্তৰ ঘৰৰ ঠিকনা উলিয়াব পাৰিলে আমাৰ পাছৰ কামখিনি কৰাত সুবিধা হ'ব। তুমি এতিয়া যোৱাজয়শ্ৰীৰ গতি-বিধিৰ প্ৰতি লক্ষ্য ৰাখাগৈনাই নাই, তুমি একো কৰিব নালাগে ৷ মাথোন লক্ষ্য ৰাখিলেই হ'ব। তাই কাউণ্টাৰৰ পৰা উঠি ওলাই গ'লেই তুমি মোক খবৰটো দিবা। সোনকাল কৰা। তাই হয়তো ইতিমধ্যে প্রদীপ দত্তক ফোন কৰিছেই। ফোনত তাক নাপালে এতিয়াই কিবা অজুহাত দেখুৱাই তাই প্ৰদীপ দত্তক খবৰটো দিয়াৰ কাৰণে লৰি যাব।

অৰ্ণৱ চিন্তাক্লিষ্টভাবে কোঠালিৰ পৰা ওলাই গ'ল ।

জোচেফে গেৰুৱা পোচাক সলাই ক'লা ৰঙৰ লংপেণ্ট আৰু কোট পিন্ধি মূৰত মাংকি কেপ পিন্ধিলোৰ পাছত সি বাৰাণ্ডালৈ ওলাই আহিল৷ বিজুলি বাতিৰ পোহৰে চহৰখন পোহৰাই তুলিছে। চহৰখনক যেন ফুলৰ মালাৰে সজাই তোলা হৈছে এনেকুৱা অনুমান হ'ল তাৰ ৷ পূবফালৰ পৰা বৈ অহা এজাক ফিফিৰীয়া বতাহে তাক কোবাই গ'ল। সি কেপটো টানি কাণলৈকে নমাই ল'লে*

                          ওঠৰ

জাৰকালি। পূবফালৰপৰা হিম শীতল ফ্ৰিফিৰীয়া বতাহ বৈ আছিল। গতিকে নিশা নটাতে হোটেলত গ্ৰাহকৰ ভিৰ পাতল হৈ আহিল ৷ অৰ্ণৱ জোচেফৰ নিৰ্দেশ অনুসৰি হোটেলতে বহি আছিল। কাউণ্টাৰৰ পৰা ওলাই জয়শ্ৰী অৰ্ণৱৰ ফালে আগুৱাই আহিল।

জয়শ্ৰীয়ে ক'লে- আজি বৰ ঠাণ্ডা পৰিছে। গতিকে অলপ আগধৰিয়ে ওলালো । আপুনি দেখোন একেবাৰে মনে মনে বহি আছে। ভাত খালেনে নাই? খোৱা নাই যদি খাই লওঁক।

অর্ণৱে হুমুনিয়াহ কাঢ়ি অৱসন্ন কণ্ঠত কলে- যি সমস্যাত পৰিছো, ভাত খাবলৈ ইচ্ছাই যোৱা নাই। অর্ণৱে জয়শ্ৰীৰ লগত ঘণিষ্ট হ'বলৈ কলে- জেচেফক মই সমৰ্থন কৰোঁ ঠিকেই, কিন্তু তাৰ এই কাম মোৰ মুঠেই ভাল লগা নাই। সি নকল বস্তুবোৰ মইমতালিভাবে কিয় দিলে? কামটো কৰাৰ আগতে অন্ততঃ আমাৰ লগত আলোচনা কৰিব লাগিছিল । কিবা দুৰ্ঘটনা ঘটিলে, উলুৰ লগত বগৰী পোৰাৰ দৰে আমিওতো দায়ী হ, নে কি কয়?

জোচেফর এইটো কাম ময়ো সমৰ্থন কৰিব পৰা নাই। জয়শ্ৰীয়ে ক'লে- যদি কিবা হৈ যায় তেতিয়া জোচেফে জানো আমাক বচাব পাৰিব? এইদৰে কৈয়ে তাই নিজক চম্ভালি ক'লে- অৱশ্যে চোচেফৰ প্ৰতি মোৰ দৃঢ় বিশ্বাস আছে, সি আমাক বিপদত নেপেলায় ।

অর্ণৱে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- মই ইতিমধ্যে ভাত-পানী খালো। আপুনি যায় যদি মোৰ লগত বলক ৷ আপোনাক ঘৰত নমাই থৈ যামহি।

নাই নাই, মই খোজ কাঢ়িয়ে যাব পাৰিম। জয়শ্ৰীয়ে আপত্তি জনাই কলে- কেই মিনিটমানৰহে বাট। আপুনি থাকক। ম‍ই যাওঁগৈ

জয়শ্ৰী ওলাই গ'ল। অৰ্ণৱ ততাতৈয়াকৈ দুমহলীয়ালৈ উঠি আহি কোঠালিৰ বাহিৰৰ পৰাই মাতি জোচেক খবৰটো দি অটত আহি বহিল। সি অট' ষ্টাৰ্ট দিয়াৰ লগে লগে পেণ্ট-কোর্ট পৰিহিত মানুহ এজন অট'ৰ সন্মুখত থিয় হ'ল। মানুহজনক প্ৰদীপ দত্ত বুলি ভাবি তাৰ হৃদপিণ্ড বন্ধ হোৱাৰ উপক্ৰম হ'ল। মানুহজন তাৰ ওচৰলৈ আহি ফুচফুচাই ক'লে- ভয় কৰিছা নেকি? ভয়ৰ কাৰণ নাই। মই সন্ন্যাসীহে।

জোচেফৰ মূৰ্তি দেখি অৰ্ণৱ বিস্ময়ত হতবাক হৈ পৰিল। সি ক'লে- আপোনাৰ এই পোচাক!

জোচেফে কলে- অৱস্থা অনুসৰি ব্যৱস্থা কৰিছোঁ। সন্ন্যাসীৰ কৌপীন পিন্ধি মানুহ মাৰিলে মানুহে কি বুলি ক'? কোৱাচোন জয়শ্রী কোনফালে গৈছে? তাই অলপ আগতে ভাড়াঘৰ লৈ যাব বুলি ওলাই গৈছে।

জোচেফে ব্যস্তভাবে কলে- বাৰু, তুমিও তোমাৰ ঘৰলৈ যোৱাগৈ।

অৰ্ণৱৰ উত্তৰলৈ অপেক্ষা নকৰি জোচেফ গেট পাৰ হৈ আগুৱাই গ'ল । ৰাস্তাত মানুহ-দুনুহ নাই বুলিলেই হয়। দুই এটা ৰিক্সাৰ বাহিৰে ৰাস্তাত বিশেষ কোনো যান-বাহনৰ চলাচলো নাই। এফালে জাৰকালি আৰু আনফালে ভূতৰ ওপৰত দানহ পৰাদি পূবদিশৰ পৰা বৈ অহা ফিফিৰীয়া চেঁচা বতাহ। যাৰ ফলত ৰাস্তা-ঘাট প্ৰায় জনশূন্য হৈ পৰিছিল। সি যি কামৰ বাবে ওলাইছে, সেই কামৰ বাবে একেবাৰে অনুকুল পৰিৱেশ৷

জোচেফে কোটৰ পকেট খেপিয়াই চালে৷ পিস্তলটো ঠিকেই আছে। পিস্তলটো তেল দি পলিথিনেৰে মেৰিয়াই সি কামাখ্যাত এডোখৰ শিলৰ তলত লুকোৱাই থৈছিল । আজি আবেলি সি পিস্তুলটো শিলৰ তলৰ পৰা উলিয়াই আনিছে। হস্তনির্মিত পিস্তল। পলিথিনেৰে মেৰিয়াই থোৱা কাৰণে এতিয়াও কাৰ্যক্ষম হৈ আছে। সি পৰীক্ষাও কৰি চাইছে।

জয়শ্ৰীয়ে থকা ভাড়াঘৰটো সি জানে। সি আহি জয়শ্ৰীহঁতৰ ভাড়াঘৰৰ চৌহদত উপস্থিত হ'ল। চৌহদত চাৰিটা টিনপাতৰ চালি ঘৰ আৰু এটা সৰু পকীঘৰ। পকী ঘৰটোতে জয়শ্রী থাকে। অতিপাত ঠাণ্ডা পৰাৰ কাৰণে আটায়ে বিছনাৰ কোলাত আশ্ৰয় লৈছে। বাহিৰত কোনো মানুহ-দুনুহ নাই। সি জয়শ্ৰী থকা ঘৰটোলৈ আহিল। ঘৰটোৰ সন্মুখত শিল আৰু বালিৰ স্তুপ। শিলৰ কাষতে এজোপা চম্পাফুলৰ গছ। ফুলৰ সৌৰভে ঠাইডোখৰ মল্‌মলাই আছিলসি সন্তৰ্পণে আহি গছজোপাৰ আঁৰলৈ বহি পৰিল। কোঠালিৰ ভিতৰত পঁচিছ ভল্টৰ বাল্ব জ্বলি আছিল আৰু জয়শ্ৰীয়ে দুৱাৰ বন্ধ কৰি হিন্দী গীতৰ কলি গুণগুণাই আছিল

জোচেফে বেছি সময় অপেক্ষা কৰিব লগা নহ'ল। সি অনুমান কৰা মতেই কোঠালিৰ লাইটটো নুমাই গ'ল ৷ সি সজাগ হৈ উঠিল ৷ তাৰ মানে এতিয়া জয়শ্ৰী প্রদীপ দত্তৰ ঘৰলৈ বুলি ওলাব! সি ভবা ধৰণেই খন্তেক পাছতে জয়শ্ৰী দুৱাৰ খুলি ওলাই আহিল ৷ সি সন্ধানী দৃষ্টিত কেউফালে চকু ফুৰাই কোঠালিটো তলাবন্ধ কৰি গেটৰ ফালে আগবাঢ়ি গ'ল। যোৱাৰ সময়ত তাই জোচেফৰ কাষেদিয়ে গ'ল। কাষেদি যোৱাৰ সময়ত চম্পাফুলৰ গোন্ধ তল পৰি গ'ল। তাৰ ঠাইত প্ৰসাধনৰ গোন্ধ ভাহি আহিল। তাই গেট খুলি ৰাস্তাত উঠিল।

জয়শ্রী অনুমান বিছ গজমান যোৱাৰ পাছত জোচেফ বহাৰ পৰা উঠি থিয় হৈ দীঘল দীঘল খোজ পেলাই ৰাস্তাত উঠিল । ৰাস্তাত জনপ্ৰাণীৰ চিহ্নমাত্র নাই। পিচঢালা ৰাস্তা ক'লা সাপৰ দৰে নিস্তেজ হৈ পৰি আছিল। ৰাস্তাত ষ্ট্রীট লাইট নাই। ৰাস্তাৰ কাষৰ ঘৰবোৰৰ পৰা বিচ্ছুৰিত ৰশ্মি ছিটিকি আহি ৰহস্যময় কৰি তুলিছিল ৰাস্তাটো। বিচ্ছুৰিত আলোক-দ্যুতিয়ে এন্ধাৰৰ লগত মিতিৰালি কৰি ঠায়ে ঠয়ে এক বর্ণময় আলোকোজ্জ্বল বিচিত্র চিত্র চিত্রায়িত কৰিছিল। বিষণ্ণ নিস্তব্ধতা। গতিকে বিছ গজ আঁতৰৰ পৰা জয়শ্ৰীক দৃষ্টিৰ পৰিধিৰ ভিতৰত ৰখাত অসুবিধা নহ'ল জোচেফৰ। পোন্ধৰ মিনিটমান খোজকঢ়াৰ পাছত জয়শ্ৰীয়ে সোঁফালে কেঁকুৰি এটা ঘূৰি অপেক্ষাকৃত সৰু ৰাস্তাৰে আগুৱাই গ'

গোটেইটো এলেকা এন্ধাৰে আৱৰি আছিলকোনো এখন ঘৰতো পোহৰ নাই। আগৰ ৰাস্তাতকৈ এই ৰাস্তাটো অধিক নিস্তব্ধ। মৰিশালিৰ নিস্তব্ধতা বিৰাজ কৰি আছিল এলেকাটোত।

জয়শ্ৰী আছাম টাইপৰ পকী ঘৰ এটাৰ সন্মুখত ৰৈ গ'ল। ঘৰটো ৰাস্তাৰ পৰা অলপ আঁতৰত । গেট খুলি জয়শ্ৰী ঘৰটোৰ ফালে আগুৱাই গ'ল। ৰাস্তাৰ দুয়োকাযে ফুলনি। ফুলনি পাৰ হৈ তাই বাৰাণ্ডাত উঠিল। বাৰাণ্ডাত লাইট জ্বলি আছিল। বাৰাণ্ডাত উঠিয়ে তাই পর্যক্ষেণৰ দৃষ্টিত পিছফালে ঘূৰি চালে। লগে লগে জোচেফ ফুলগছৰ আঁৰলৈ বহি পৰিল

বহি বহিয়ে জোচেফ ফুলগছৰ আঁৰলৈ চুঁচৰি চুঁচৰি আগবাঢ়িবলৈ ধৰিলে। এটা সময়ত আহি সি একেবাৰে জয়শ্ৰীৰ কাষ পালেহি। সি জয়শ্ৰীক দেখিলে যদিও পোহৰৰ মাজত থিয় দি থকাৰ কাৰণে জয়শ্রীয়ে তাক নেদেখিলে।

জয়শ্ৰীয়ে ঘৰৰ দুৱাৰত খট্‌খটাই দিলে। কিন্তু ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নাহিল। এই ছেগতে জোচেফ মেকুৰীৰ দৰে নিঃশব্দে জাঁপ মাৰি আহি পিছফালৰ পৰা জয়শ্ৰীৰ মুখখন হোপা মাৰি ধৰিলে। অতৰ্কিত আক্ৰমণৰ কাৰণে জয়শ্ৰী মুঠেই সাজু নাছিল। অপ্রত্যাশিত আক্ৰমণত তাই লেউসেউ হৈ পৰিল। ভয়ত সন্ত্ৰস্ত হৈ তাই মেলেৰীয়া ৰোগীৰ দৰে ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে। এই সুযোগতে জোচেফে পকেটৰ পৰা পিস্তল উলিয়াই তাইৰ পিঠিত খুন্দা মাৰি ক'লে- সাৱধান, চিঞৰিবলৈ চেষ্টা নকৰিবা। চুপচাপ মোৰ কথা শুনা আৰু নিৰ্দেশ মতে কাম কৰা। নহ'লে মই গুলী কৰিম। এইদৰে সঁকীয়াই দি সি জয়শ্ৰীক এৰি দিলে।

জয়শ্ৰী পিছফালে ঘূৰি চাই আতংক বিস্ময়ত বেঙা মানুহৰ দৰে ক'লে- আ- আপুনি?

এৰা, মই। জোচেফে কথা চোবাই চোবাই ক'লে- তুমি আমাৰ লগত বেইমানি কৰি আছা বুলি মই বহুত আগতেই অনুমান কৰিছিলোঁ। এতিয়া সেয়া নিশ্চিত হ'লো ৷ এতিয়া এষাৰ কথাও নকবা। তুমি প্রদীপ দত্তক মাতা। এইদৰে কৈয়ে জোচেফে বাৰাণ্ডাত জ্বলি থকা বাল্বটো খুলি ফুলনিৰ মাজলৈ দলিয়াই দিলে।

জয়শ্ৰীৰ তেতিয়া পানীত হাঁহ নচৰা অৱস্থা। বামত বাঘ, পানীত কুম্ভীৰ। আগবাঢ়িলেও মৰণ, পিছহোঁহকিলেও মৰণ। গতিকে তাই জোচেফৰ নিৰ্দেশ অনুসৰি দুৱাৰত খট্‌খটাই দিলেদুই তিনিবাৰমান খট্‌খটাই দিয়াৰ পাছত ভিতৰৰ পৰা টোপনি জড়িত পুৰুষ কণ্ঠ ভাহি আহিল- কোন?

মই জয়শ্রী। জয়শ্ৰীয়ে ক'লে।

প্ৰদীপ দত্তই জয়শ্ৰীৰ আকস্মিক আগমনত আচৰিত হৈ ক'লে- তুমি ! এই ৰাতিখন ?

জৰুৰী কথা আছে। দুৱাৰ খোলা।

প্ৰদীপ দত্তই বিছনাৰ পৰা নামি কলে- ৰবা, খুলি আছোঁ ।

ভিতৰৰ লাইট জ্বলি উঠিল আৰু খন্তেক পাছতে দুৱাৰ মুখত প্ৰদীপ দত্ত প্রকট হ'ল। দত্তই পোহৰৰ পৰা এন্ধাৰৰ ফালে চোৱাৰ কাৰণে জয়শ্ৰী আৰু জোচেক নেদেখিলে। সি দৃষ্টি প্ৰসাৰিত কৰি জয়শ্ৰীক চোৱাৰ কাৰণে যত্ন কৰি ক'লে- কত তুমি? এই ৰাতিখন অন্ততঃ ফোন কৰি আহিব লাগিছিল ৷ মই নিজে গৈ তোমাক লৈ আহিলোহেঁতেন।

চেষ্টা কৰিছো। আমাৰ হোটেলৰ ফোন বন্ধ হৈ আছে।

’, হয় নেকি? আহা, ভিতৰলৈ সোমাই আহা । প্রদীপ দত্তই জয়শ্ৰীক ভিতৰলৈ মাতিলে।

জয়শ্ৰী ভিতৰলৈ সোমাবলৈ যো-জা কৰোঁতেই জোচেফে বজ্রমুঠিত পিস্তল ধৰি জাঁপ মাৰি আহি প্ৰদীপ দত্তৰ মূৰত খুন্দা মাৰি ক'লে- ভদ্ৰ মানুহটোৰ দৰে সৌ চকীখনত বহা আৰু মোৰ কথা শুনা।

জোচেফে প্ৰদীপ দত্তক এৰি দিলে । প্ৰদীপ দত্তই আতংকিত দৃষ্টিত জোচেফৰ ফালে চালে। জোচেক দেখি তাৰ মুখমণ্ডল বিৰক্তিত বিকৃত হৈ উঠিল ৷ সি তীক্ষ্ণ বিদ্বেষ মিহলি দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- তোমাৰ লগত মোৰ কথা? মই দেখোন তোমাক চিনিকে নাপাওঁ । এইদৰে কৈয়ে সি জয়শ্ৰীৰ ফালে হিংস্ৰ কুটিল দৃষ্টিত চাই ক'লে- তুমি ! তুমি এওঁক লৈ আহিছা? বিশ্বাসঘাতিনী.....

তুমি ভুল কৰিছা। জোচেফে কলে- জয়শ্রী বিশ্বাসঘাতিনী নহয়, তাই বিশ্বাসৰ মূল্য দিবলৈ আহিয়ে এইদৰে বিপদৰ সন্মুখীন হ'ব লগা হৈছে। তোমালোকৰ এইবোৰ ব্যক্তিগত কথালৈ মোৰ মূৰৰ কামোৰণি নাই। জোচফে চকী এখনলৈ আঙুলিয়াই প্রদীপ দত্তক উদ্দেশ্য কৰি কলে- যোৱা, সৌ চকীখনত বহা আৰু শান্ত ল'ৰাৰ দৰে মোৰ কথা শুনা ।

প্ৰদীপ দত্ত শান্ত ল'ৰাৰ দৰে নিৰ্দ্দেশিত চকীত বহিল।

প্ৰদীপ দত্ত চকীত বহাৰ পাছত জোচেফে জয়শ্ৰীক উদ্দেশ্য কৰি ক'লে- তুমিও বহি লোৱা।

জয়শ্রী চেতনাহীন জড় পদাৰ্থৰ দৰে ছোফাত বহিল ৷

জোচেফে দুৱাৰ বন্ধ কৰি চৌকাঠত ভেজা দি থিয় হৈ ক'লে- মই ইচ্ছা কৰিলে তোমালোক দুয়োটাক গুলী কৰি মাৰিব পাৰোঁ; কিন্তু নামাৰোঁ। এইদৰে কৈ সি প্রদীপ দত্তক উদ্দেশ্য কৰি ক'লে- এতিয়া কোৱা, তোমাক সোণৰ সন্ধান কোনে দিছিল?

প্রদীপ দত্তই বিধ্বস্ত দৃষ্টিত জয়শ্ৰীৰ ফালে চালে। জয়শ্ৰীয়ে তলমূৰ কৰিলে।

জোচেফে কলে- মোৰ অনুমান তেনেহ'লে মিছা নহয়। এইবাৰ জয়শ্ৰীলৈ উদ্দেশ্য কৰি ক'লে- জয়শ্ৰী তুমি ভাবিছিলা, তোমাৰ চালাকি মই ধৰিব নোৱাৰিম। তোমাৰ এই দুমুখীয়া নীতি ম‍ই প্ৰথম দিনাই উপলব্ধি কৰিব পাৰিছিলো। এতিয়াও জানো তুমি বুকু ডাঠ কৰি কব পাৰিবা, তুমি বস্তুবোৰ চুৰি কৰা নাছিলা ?

জয়শ্রী নিমাত ।

জোচেফে পুনৰ ক'লে- বাৰু, এই বিষয়ে তোমালোকক আৰু অস্বস্তিত নেপেলাও। এতিয়া মোক বস্তুবোৰ দিয়া, মই মনে মনে গুচি যাওঁ

প্ৰদীপ দত্তই পৰোক্ষভাবে বস্তুবোৰ দিবলৈ অস্বীকাৰ কৰি ক'লে- তোমাৰ কোনো বস্তু আমাৰ ওচৰত নাই।

আছে। জয়শ্ৰীয়ে এইমাত্ৰ মৌনতাৰেই এই কথা স্বীকাৰ কৰিছে। জোচেফে জয়শ্ৰীৰ ফালে চাই ক'লে- কিয়, মই মিছা কৈছো নেকি?

জয়শ্ৰীয়ে স্পষ্ট ভাষাত প্ৰদীপক উদ্দেশ্য কৰি ক'লে- বস্তুবোৰ দি দিয়া। এতিয়া সেইবোৰ বস্তুৰ কোনো মূল্য নাই আমাৰ ওচৰত

প্রদীপ দত্তৰ সকলো কাঠিন্য যেন জয়শ্ৰীৰ কথাত শীতৰ কুঁৱলিৰ দৰে অদৃশ্য হৈ গ'ল। সি বহাৰ পৰা উঠি গড়জেৰ পৰা পলিথিনৰ থৈলা এটা আনি মেজৰ ওপৰত নমাই থৈ ক'লে- ইয়াতে আছে বস্তুবোৰ ।

জেচেফে থৈলাটো খুলিলে। তাত দুটা কেছেটৰ সৈতে সি ফটোবোৰ পালে। বস্তুবোৰ সি থৈলাত ভৰাই ক'লে- এইবোৰ যদি ডুপ্লিকেট কৰিছা সেইবোৰো আনা ৷

নাই নাই, আমি এইবোৰৰ কোনো ডুপ্লিকেট কৰা নাই। প্ৰদীপ দত্তই ক'লে৷

জোচেফে প্রদীপ দত্তৰ ফালে সন্ধানী দৃষ্টিত চাই ক'লে- তোমাক মই কেনেকৈ বিশ্বাস কৰিম?

প্রদীপ দত্তই খন্তেক ভাবি ক'লে- এতিয়া শপত খোৱাৰ বাহিৰে মোৰ বেলেগ উপায় নাই।

জোচেফে প্ৰতিবাদ কৰি কলে- চোৰৰ শপতত মোৰ বিশ্বাস নাই। ৰেকৰ্ড প্লেয়াৰ আনা৷

ৰেকৰ্ড প্লেয়াৰৰ আকৌ কি দৰ্কাৰ? প্রদীপ দত্তই ক'লে ৷

জোচেফে দৃঢ় কণ্ঠত কলে- আনিব কৈছো, আনা ৷

প্ৰদীপ দত্তই ৰেকৰ্ড প্লেয়াৰটো আনিলে।

জোচেফে কলে- ব্লেংক কেচেট এটা ভৰোৱা ৷

প্রদীপ দত্তই জোচেফৰ নিৰ্দ্দেশ মতে ৰেকৰ্ড প্লেয়াৰত কেছেট ভৰালে ।

জোচেফে কলে- মই ৰেকৰ্ড প্লেয়াৰটো অন কৰাৰ লগে লগে কবা- মই প্রদীপ দত্ত ৷ মই ক'লা ব্যৱসায়ৰ লগত জড়িত । মই ছন্দা নামৰ এজনী ছোৱালীক ব্লেকমেল কৰি তাইৰ নগ্ন ফটো কিছুমান তুলিছিলো। মৃদুলা মুদৈৰ হত্যাৰ লগতো মই জড়িত....... জয়শ্ৰী মোৰ কুকৰ্মৰ সংগী....এইদৰে আৰু কিছু কথা ক'বলৈ নিৰ্দেশ দি ক'লে- মই ৰেকৰ্ড প্লেয়াৰটো অন কৰাৰ লগে লগে আৰম্ভ কৰিবা। নহ'লে মই গুলী কৰিম ৷

প্ৰদীপ দত্ত উত্তেজিত হৈ উঠিল। কলে- মৃদুলা মুদৈক মই ভুলতে হত্যা কৰা কথাটো সঁচা; কিন্তু ম‍ই ছন্দাক ব্লেকমেল কৰা নাই। ছন্দা বৰ্মনক ব্লেকমেল কৰাৰ কথা মই কিয় ক'বলৈ যাম।

আমাৰ নিৰাপত্তাৰ খাতিৰত তুমি কবই লাগিব। জোচেফে দৃঢ়তাৰে ক'লে- কবা, নে গুলী কৰিম?

জোচেফে ৰেকৰ্ড প্লেয়াৰটো অন কৰি প্ৰদীপ দত্তৰ ফালে পিস্তল টোঁৱালে। মৃত্যু ভয় আটাইতকৈ ডাঙৰ ভয়। মৃত্যু ভয়ত প্ৰদীপ দত্তই জোচেফে কোৱা ধৰণেই সকলো কথা ক'লেজয়শ্ৰীয়েও প্রদীপ দত্তৰ কুকৰ্মৰ সংগী বুলি স্বীকাৰ কৰিলে ।

কথাবোৰ ঠিকমতে ৰেকৰ্ড হৈছে, নে নাই জানিবলৈ জোচেফে ৰেকৰ্ড প্লেয়াৰটো অন কৰিলে। ঠিকেই আছে, প্রদীপ দত্ত আৰু জয়শ্ৰীয়ে কোৱা কথাবোৰ স্পষ্টভাবেই শুনা হৈছে।

জোচেফে ফটো, কেচেট আৰু ৰেকৰ্ডাৰটো এটি কাপোৰৰ মোনাত ভৰাই অৰ্ণৱৰ ভাড়াঘৰা লৈ বুলি ৰাওণা হ'ল।*

                                   ঊনৈছ

বিছ মিনিটমান পাছত জোচেফ অৰ্ণৱৰ ভাড়াঘৰত উপস্থিত হ'ল।

অৰ্ণৱৰ চকুত টোপনি নাছিল । সি আইনৰ কিতাপত চকু ফুৰাই আছিল। এনেতে জোচেফে আহি দুৱাৰত খটখটাই মাতিলে- অৰ্ণৱ, দুৱাৰ খোলা। মই জোচেফ।

জোচেফৰ কণ্ঠস্বৰ শুনি অর্ণৱে ততাতৈয়াকৈ দুৱাৰ খুলি দিলে ।

জোচেফ কোঠালিৰ ভিতৰলৈ সোমাই আহি মোনাটো অৰ্ণৱৰ সন্মুখত নমাই থৈ কলে- লোৱা৷

অর্ণৱে মোনাটো হাতত লৈ অবাক দৃষ্টিত জোচেফৰ ফালে চাই ক'লে- মোনা! কি আছে মোনাত ?

 হেৰুৱা বস্তুবোৰ। খুলি চোৱা। বস্তুবোৰ ঠিকে-ঠাকে আছে, নে নাই চাই লোৱা। জোচেফে কলে।

এইবোৰ কেনেকৈ আনিলে ?

জোচেফে কেছেট আৰু ফটোবোৰ অনাৰ কাহিনী থূলমূলকৈ বিৱৰি ক'লে ।

জয়শ্ৰী প্ৰদীপ দত্তৰ সহযোগী বুলি আপুনি কেনেকৈ জানিলে ? অর্ণৱে সুধিলে।

জানিলো কেইটামান কথাৰ পৰা। জোচেফে উত্তৰত ক'লে- প্ৰথম কথা জয়শ্ৰীয়ে মাণিক মুদৈক ব্লেকমেল কৰাৰ কাৰণে ইমান জোৰ দিয়াৰ কাৰণ কি? আমাৰ আলোচনাৰ মাজত চতুৰ্থ ব্যক্তি নাছিল, তেনেহ'লে চতুর্থ ব্যক্তিয়ে কথাটো গম পালে কেনেকৈ? আমি যেতিয়া মানসিক উত্তেজনাত ভুগিছো, তেতিয়া জয়শ্ৰীয়ে বান্ধৱীৰ লগত দেখা কৰিবলৈ যোৱাৰ কাৰণে মানসিক বল পালে ক'ৰপৰা ? এইবোৰৰ লগতে জয়শ্ৰীয়ে অটত খামটো উদ্ধাৰ কৰা ঘটনাটোৱে মোক বিশেষকৈ ভবাই তুলিছিল । আচলতে সিহঁতে আমাৰ জৰিয়তে মাণিক মুদৈক ব্লেকমেল কৰাই তাৰ ফলভোগ কৰিব বিচাৰিছিল। মই মাণিক মুদৈৰ তালৈ যোৱাৰ সুযোগত জয়শ্ৰীয়ে ফটো আৰু কেছেটবোৰ চুৰি কৰিছিল। যাতে এইবোৰৰ জৰিয়তে ব্লেকমেল কৰি সিহঁতে অনায়াসে সোণবোৰ হস্তগত কৰিব পাৰে। কেছেট আৰু ফটোবোৰ চুৰি কৰাও জয়শ্ৰীৰ কাৰণে বিশেষ সুবিধা আছিলকাৰণ তাইৰ ওচৰত কোঠালিটোৰ ডুপ্লিকেট চাবি আছিল । তুমি ভবা ধৰণে আদহীয়া তিৰোতাজনীয়ে ভুলতে খামটো এৰি যোৱা নাছিল, জয়শ্ৰীয়ে নিজেই খামটো লৈ গৈছিল আৰু অট'ত পোৱা বুলি তোমাক আভুৱা-ভাঁৰিছিল ৷

কিন্তু সিহঁতে সোণবোৰ নিয়াৰ কাৰণে বিপাশাক নিয়োগ কৰিছিল কিয়, সিহঁতে নিজেইতো নিব পাৰিলেহেঁতেন?

সিহঁতে আমাক বিশ্বাস কৰিবপৰা নাছিল। জোচেফে কথাটো বুজাই ক'লে- আমি সিহঁতৰ লগত বেইমানী কৰিব পাৰো বুলি ভাবি সিহঁতে ভয় খাই বিপাশাকসোণবোৰ নিয়াৰ কাৰণে নিয়োগ কৰিছিল৷

কিন্তু বিপাশাক সিহঁতে বান্ধি থৈ অহাৰ কাৰণ কি ?

কথাটো মই অনুমান কৰিছোহে মাথোন ৷ জোচেফে ক'লে- তুমি তাইক উদ্ধাৰ কৰি নানিলে হয়তো বিপাশাই সন্দেহ কৰা অনুসৰি সিহঁতে তাইক হত্যাই কৰিলেহেঁতেন ৷ কাৰণ তাই প্রদীপ দত্তৰ অতীত কলংকৰ সাক্ষী। বৰ্তমান প্ৰদীপৰ নিশ্চয় কোনো ভদ্ৰঘৰৰ ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছে। ফলত বিপাশাক হঠাৎ লগ পাই তাৰ মূৰ গৰম হৈ উঠিছে, যদি বিপাশাই কেনেবাকৈ এই প্ৰেমৰ সম্পৰ্কৰ কথা গম পাই তাৰ বৰ্তমান প্ৰেমিকাৰ আগত সেই অতীত কলংকৰ কথা প্ৰকাশ কৰি দিয়ে ! এইদৰে আশংকা কৰিয়ে প্রদীপ দত্তই বিপাশাক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। কাৰণ নৰহত্যাতো সিহঁতৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ লেখীয়া কথা।

কিন্তু সিহঁতে তাইক হত্যা নকৰি এইদৰে বান্ধি থৈ অহাৰ কাৰণ কি? অর্ণৱে সুধিলে।

সোণবোৰ নকল হলে যাতে সিহঁতে পুনৰ তাইক কামত লগাব পাৰে। এই কথা চিন্তা কৰিয়ে সিহঁতে হয়তো তাইক তেনেকৈ বান্ধি থৈ আহিছিল। এইদৰে কৈ জোচেফে প্রসংগ সলনি কৰি ক'লে- ৰাতি ভালেখিনি হ, এতিয়া মই যাওঁ । কাইলৈ ৰাতিপুৱা তুমি ছন্দাহঁতৰ ঘৰলৈ গৈ তাইক ফটোবোৰ দেখুৱাই পুনৰ লৈ আহিবা। প্রদীপ দত্তহঁত যিহে মানুহ, কিবা কাৰণত ফটোবোৰ আমাৰ প্ৰয়োজন হ'ব পাৰে। ম‍ই কেছেট আৰু ৰেকৰ্ডাৰটো লৈ গ'লো। জোচেফে কেছেট আৰু ৰেকৰ্ডাৰটো মোনাত ভৰাই ফটোবোৰ অৰ্ণৱৰ ফালে আগবঢ়াই ক'লে- এয়া লোৱা ফটোবোৰ এটা খামত ভৰাই থৈ দিয়া

অর্ণৱে ফটোবোৰ খাম এটাত ভৰাই মেজৰ ওপৰত থৈ কলে- আপুনি কোৱামতেই কৰিম বাৰু। কাইলৈ ৰাতিপুৱাই মই কামটো কৰিমহি।

ঠিক আছে। জোচেফে কলে- মই এতিয়া যাওঁ। কাইলৈ তুমি বিপাশাহঁতৰ ঘৰৰ পৰা অহাৰ পাছত আমি হোটেল ফৰচনত লগ হ'ম। তেতিয়া ফটোবোৰ লৈ যাবলৈ নেপাহৰিবা কিন্তু। কাৰণ ফটোবোৰ মোৰ লগত ৰাখিম। এইদৰে কৈ সি পিন্ধি থকা কাপোৰযোৰ সলাই গেৰুৱা কাপোৰ পিন্ধি মোনাটো লৈ অৰ্ণৱৰ পৰা বিদায় লৈ কোঠালিৰ পৰা ওলাই গ'ল।

জোচেফ ওলাই যোৱাৰ পাছত অর্ণৱে কাগজত মেৰিয়াই থোৱা ফটোবোৰ উলিয়ালে। ছন্দা বৰ্মনৰ ফটোবোৰ দেখি সি উৎফুল্লিত হৈ উঠিল। তাৰ চকুৰ আগত ভাহি উঠিল ছন্দা বৰ্মনৰ আনন্দোজ্জ্বল মুখ। এক গভীৰ প্রশান্তিত তাৰ চকুযোৰ মুদ খাই গ'ল । জীৱনৰ উল্লাস জাগি উঠিল দেহমনত। জীৱনটো যেন গোলাপী আভাৰে ভৰি পৰিল। সি মোনাটো বন্ধ কৰি লাইট নুমাই শুই পৰিল। কিন্তু তাৰ টোপনি নাহিল । কল্পনাৰ মায়াজালত ওলমি সি উজাগৰি নিশা পাৰ কৰিলে৷

ৰাতি পুৱাল। নিদ্রাহীন ৰজনী পাৰ কৰাৰ পাছতো তাৰ মনটো শৰতৰ আকাশৰ দৰে ফৰকাল লাগিবলৈ ধৰিলে। প্ৰসন্ন এক অনুভূতিয়ে তাৰ দেহ-মন পুলকিত কৰি তুলিলে। তাৰ মানসপটত ছন্দা বৰ্মনৰ মুখখন ভাহি উঠিল। প্ৰচণ্ড ধুমুহাৰ অন্তত প্ৰশান্ত আলোকোজ্জ্বল দ্যুতি শিখাই আকাশখন উদ্ভাসিত কৰি তোলাৰ দৰে ছন্দা বৰ্মনৰ মুখখন মানসপটত ভাহি উঠাৰ লগে লগে তাৰ মনটো আলোকোজ্জ্বল হৈ উঠিল।

সি ততাতৈয়াকৈ প্ৰাতঃকৃত্য সমাপন কৰি সাত বজালৈ অপেক্ষা কৰিবলৈ ধৰিলে। কাৰণ সাত বজাৰ আগতে ছন্দাহঁতৰ ঘৰলৈ যোৱা সম্ভৱ নহয়। অভিজাত ঘৰ ৷ সাত বজাৰ আগতে গ'লে ছন্দাই বেয়া নাপালেও ঘৰৰ আন সদস্যই বেয়া পাব পাৰে। সেয়ে সি অসীম ধৈৰ্যৰে সাত বজালৈ অপেক্ষা কৰি থাকিল । সাত বজাৰ লগে লগে সি অট' ষ্টাৰ্ট দিলে। অট' ষ্টাৰ্ট দিয়াৰ লগে লগে তাৰ হৃদয় পুলকেৰে ভৰি পৰিল ৷ ছন্দাৰ হাতত বস্তুবোৰ পৰাৰ লগে লগে তাইৰ যি আনন্দোজ্জ্বল মোহনীয় ৰূপ ফুটি ওলাব সেই দৃশ্য কল্পনা কৰি সি ৰোমাঞ্চিত হৈ উঠিল। ছন্দা এজন সুনিপুণ শিল্পীৰ তুলিকাৰ আঁচোৰত জীৱন্ত হৈ উঠা চিত্ৰৰ দৰে তাৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল। এক সুগভীৰ প্ৰসন্ন অনুভূতিত আচ্ছন্ন হৈ সি অটচলাই দিলে।

সি ছন্দাহঁতৰ গেটৰ সন্মুখত অটখন ৰখাই অনাহকত দুবাৰমান হৰ্ণ বজালে। তাৰ পাছত ষ্টাৰ্ট বন্ধ কৰি মোনাটো হাতত লৈ গেট খুলি চৌহদৰ ভিতৰলৈ সোমাই আহিল। ফুলনিৰ পৰা ভাহি অহা এজাক মল্‌মলীয়া সুবাসে তাক আদৰণি জনালে। পুলকত তাৰ মনটো নাচি উঠিল। মুখত হিন্দীগীতৰ এটি কলি গুণগুণাই সি ছন্দায়িত খোজত বৈঠকখানাৰ ফালে আগবাঢ়িল।

বৈঠকখানাৰ দুৱাৰখন খুলি থোৱা আছিল। সি কলিংবেল নিটিপি পোনে পোনে বৈঠকখানাৰ ভিতৰলৈ সোমাই আহিল।

ছন্দাই ৰাতিপুৱা দি যোৱা বাতৰি কাকত এখনৰ ওপৰত চকু ফুৰাই আছিল। অৰ্ণৱৰ আকস্মিক উপস্থিতিত তাই চক্‌ খাই মূৰ তুলি চালে ৷ সন্মুখত অৰ্ণৱক থিয় দি থকা দেখি তাই সকৌতুক আৰু সপ্রশংস দৃষ্টিত অৰ্ণৱৰ ফালে চাই ক'লে- আপুনি! এই ৰাতিপুৱা?

অর্ণৱে ছন্দাৰ উৎকণ্ঠা দেখি স্মিত হাঁহি মাৰি ক'লে- ভয় নাখাব । কোনো দুঃসবাদ লৈ অহা নাই। সুসংবাদলৈয়ে আহিছো বুলি ক'ব পাৰে ।

ছন্দাই সকৌতুকে সুধিলে- কাৰ? মোৰ, নে আপোনাৰ ?

মোৰ নহয়, আপোনাৰ৷ অর্ণৱে ফটোবোৰ ভৰোৱা খামটো ছন্দাৰ ফালে আগবঢ়াই কলে- এয়া লওঁক, ইয়াতে আছে আপোনাৰ সুসংবাদ

ছন্দাই চিলনিৰ দৰে থাপ মাৰি খামটো হাতত লৈ ক'লে- কি আছে ভিতৰত ?

অর্ণৱে পৰিস্থিতি ৰহস্যময় আৰু ৰসাল কৰাৰ কাৰণে কলে- খুলি চাওঁক আগতে। খুলি চালেই সকলো গম পাব।

ছন্দাই আগ্ৰহেৰে খামটো খুলি ফটোবোৰ উলিয়ালে

অর্ণৱে ক'লে- এইবোৰৰ জৰিয়তেই আপোনাক ব্লেকমেল কৰি আছিল ৷

ছন্দাই ফটোবোৰ লাৰি-চাৰি চাই পুনৰ খামৰ ভিতৰত ভৰাই ক'লে- আপোনাক যে মই কি বুলি ধন্যবাদ দিম ! আপোনালোকে মোৰ মূৰৰ পৰা এটা গধুৰ বোজা আঁতৰাই দিলে।

এতিয়া খামটো দিয়ক । অর্ণৱে ক'লে- নিৰাপত্তাৰ খাতিৰতে জোচেফে ফটোবোৰ নিজৰ লগত ৰাখিব খুজিছে।

অৰ্ণৱৰ কথা শুনি ছন্দাই সবিস্ময়ে তাৰ ফালে চালে। তাইৰ দৃষ্টিত কৰুণ দীনতা ফুটি উঠিল। তাইৰ উচ্ছল মনৰ তৰংগ যেন নিমিষতে স্তিমিত হৈ পৰিল । তাই ভয়ার্ত কণ্ঠত সুধিলে- এইবোৰ আকৌ কোনোবাই নিব পাৰে নেকি?

অর্ণৱে অভয় দি ক'লে- আপুনি ভয় খাব নালাগে। এইবোৰ বৰ্তমান কোনেও নিয়াৰ সম্ভাৱনা নাই। তথাপি সাৱধান হোৱাটো ভাল। সাৱধানতা অৱলম্বন কৰাৰ কাৰণেই জোচেফে ফটোবোৰ নিজৰ লগত ৰাখিব খুজিছে। ইয়াত ভয় কৰিব লগা একো নাই। আপুনি এই বিষয়ে কোনো টেনচননল'ব।

ছন্দাৰ মুখলৈ যেন পানী আহিল । তাই নিজৰ দুৰ্বলতা ঢাকিবলৈ স্মিত হাঁহি মাৰি ক'লে- নাই নাই, ভয় নকৰোঁ। আপোনালোক আছে যেতিয়া মই কিয় ভয় কৰিবলৈ যাম। আপোনালোকক অবিশ্বাস কৰাৰো কোনো থল নাই। কাৰণ আপোনালোকৰ কাৰণেই মই নতুন জীৱন পালো ৷ কিন্তু সিদিনাৰ কথা মই জীৱনতো পাহৰিব নোৱাৰিম । সিদিনাৰ সেই ঘটনাৰ পাছৰপৰা মোৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিছে । কিবা এক অস্বস্তিয়ে যেন মোক খুলি খুলি খাইছে।

অর্ণৱে ছন্দাক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- এয়া আপোনাৰ মনৰ দুৰ্বলতাহে। আপোনাৰতো তাত কোনো দোষ নাছিল। দুঃস্বপ্ন বুলি ভাবি আপুনি এতিয়া সেইবোৰ পাহৰি পেলাওঁক । মানুহৰ জীৱনত ঘাত-সংঘাত আছেই। সেয়া জয় কৰাটোৱে হ'ল জীৱনৰ কৃতিত্ব । অনাকাংক্ষিত ঘটনাবোৰ যিমানে পাহৰি থাকিব পাৰি সিমানে মংগল। তদুপৰি আপোনাৰ বাহিৰেতো এই কথা বেলেগে নাজানে। গতিকে হীনম্মন্যতাত ভোগাৰ প্ৰশ্নই উঠিব নোৱাৰে

কিন্তু মই নিজেতো জানো। ছন্দাই যুক্তি দাঙি ধৰিলে- মোৰ নাৰীত্বক কিদৰে অপমানিত কৰা হৈছে! গতিকে ঘটনাটো ম‍ই যিমানইে পাহৰি থাকিবলৈ চেষ্টা নকৰোঁ কিয়, সেয়া মাথোন আত্মপ্ৰৱঞ্চনাহে কৰা হ'ব। ঘটনাটো পাহৰি থাকিবলৈ চেষ্টা কৰি মই নিজক ফাঁকি দিব পাৰিলেও অন্তত কোনো পুৰুষক ম‍ই ফাঁকি দিব নোৱাৰিম। গতিকে ম‍ই চিৰদিন নিসংগ হৈয়ে থাকিব লাগিব।

ছন্দাৰ চকুযোৰ ভৰা পুখুৰীৰ দৰে লোতকেৰে ভৰি গ'ল। তাইৰ চকুত চকুপানী দেখি অৰ্ণৱৰ মন সেমেকি উঠিল। গতিকে সি ছন্দাক সান্ত্বনা দিবলৈ ক'লে- যাক জীৱনসংগী কৰিব তাৰ ওচৰত কথাটো খুলি ক'লেই আপুনি স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব৷ কাৰণ আপুনি নিজেতো বিপর্যয় মাতি অনা নাছিল!

ছন্দা সৰ্পদৃষ্ট মানুহৰ দৰে চক্ খাই উঠিল। ক'লে- তেওঁ তেনেকুৱা উদাৰ হৃদয়ৰ হ'লেহে কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব; নহ'লে বাটৰ কচু গাত ঘঁহি লোৱাৰ লেখীয়া কথাই হ'ব। ঘটনাৰ গুৰুত্ব উপলব্ধি নকৰাকৈয়ে উপেক্ষা কৰিবলৈ আৰম্ভ কৰিব। তেতিয়া মিছাতে অশান্তি সৃষ্টি হ'ব। তাতকৈ যেনেকৈ আছো তেনেকৈ থকাই বুদ্ধিমানৰ কাম হ'

বিয়াৰ আগতে আপুনি কথাটো ভাঙি-পাতি কলে নিশ্চয় তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ নহ'ব। অর্ণৱে যুক্তি দাঙি ধৰিলে৷

তেনেহ'লে কোনেও মোক বিয়া কৰাবলৈ আগবাঢ়িয়ে নাহিব। কাৰণ এজন ভোগী পুৰুষেও নিজৰ স্ত্ৰীক সতী হোৱাটো কামনা কৰে । পুৰুষ শাসিত সমাজ ব্যৱস্থাত এয়া নাৰীৰ কাৰণে চৰম দুৰ্ভাগ্যৰ কথা। ছন্দাই ক'লে৷

আচলতে ছন্দাই কোৱা কথা মিছা নহয়। যিজন পুৰুষে পৰনাৰীক ফ্ৰয়েডৰ যৌনতত্ত্বৰ কথাকৈ নিজৰ লালসা চৰিতাৰ্থ কৰে সেইজন পুৰুষেই আকৌ নিজৰ স্ত্ৰীৰ সতীত্বৰ অগ্নিপৰীক্ষা লয়। নাৰীৰ চৰিত্ৰৰ প্ৰতি আটায়ে সচেতন, কিন্তু পুৰুষৰ চৰিত্ৰক লৈ কাৰো মূৰ কামোৰণি নাই। এয়া নাৰীৰ কাৰণে চৰম দুৰ্ভাগ্যৰ বাহিৰে কি হ'ব পাৰে ! কিন্তু অৰ্ণৱৰ কথা সুকীয়া। অন্তত ছন্দাৰ ক্ষেত্ৰত। কাৰণ ছন্দাৰ দুৰ্ঘটনাৰ কথা শুনাৰ পাছতো, সি ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি, তাইৰ প্ৰতি কোনো হেয় মনোভাৱ পোষণ কৰা নাই। এনেকি তাইক জীৱন সংগীনি কৰিবলৈও তাৰ কোনো আপত্তি নাই। সেয়ে সি তাইক জীৱন সংগীনি কৰিবলৈ প্ৰস্তুত আছে বুলি ক'বলৈ ইচ্ছা গ'ল। কিন্তু কথাটো ভাবোঁতেই লাজত তাৰ কাণ-মূৰ গৰম হৈ উঠিল । কাৰণ প্ৰস্তাৱটো দিয়াৰ লগে লগে যদি তাৰ দৃষ্টতা দেখি ছন্দা উচাপ খাই উঠে। যদি তাৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। তেতিয়া সেয়া সহ্য কৰাটো তাৰ কাৰণে টান হৈ পৰিব। তাতকৈ যেনেকৈ আছে তেনেকৈ থকাই ভাল৷ সি ছন্দাৰ মনটোহে বিচাৰিছে, তাইৰ দেহা সি কেতিয়াও কামনা কৰা নাই। ছন্দাৰ হৃদয়-কোণত তাৰ কাৰণে অকনমান ঠাই থাকিলেই সি নিজকে ধন্য মানিব। সেয়ে সি নিজক সংযত কৰি প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- আপুনি বৰ্তমান মনৰ পৰা এইবোৰ দুঃশ্চিন্তা আঁতৰাই পেলাওঁকসময়ৰ কথা সময়ত দেখা যাব।

হঠাৎ ছন্দাৰ মাক কোঠালিৰ ভিতৰলৈ সোমাই আহিল৷ তাই অৰ্ণৱক দেখি কলে- তুমি! এই ৰাতিপুৱা ? কিবা সকাম আছে নেকি?

বহাৰ পৰা উঠি অর্ণৱে ছন্দাৰ মাকৰ ভৰি চুই প্রণাম কৰি ক'লে- আপোনাৰ ভাল নে খুড়ী?

ছন্দাৰ মাকে মুখ বিকৃত কৰি ক'লে- নাই বোপা ভাল নহয়। বাত বিষ। আজি ওৰেটো নিশা বিষাইছে। ৰাতিপুৱা গৰম পানীৰ সেক লোৱাৰ পাছতহে অকনমান সকাহ পাইছো। এইদৰে কৈ তাই ছন্দাক উদ্দেশ্য কৰি ক'লে- বোপাক চাহ-জলপান দিলা, নে নাই?

নাই দিয়া । ছন্দাই ক'লে- অলপ আগতে আহিছে।

যোৱা চাহ লৈ আহাগৈ। ছন্দাৰ মাকে উপদেশৰ সুৰত ক'লে- ৰাতিপুৱাৰ অতিথিক সুদা মুখে বিদায় দিব নাপায়

ছন্দা ভিতৰলৈ সোমাই গ'ল। ছন্দা ভিতৰলৈ সোমাই যোৱাৰ পাছত ছন্দাৰ মাকে পুনৰ ক'লে- মোৰ এইখন সংসাৰৰ চাউল উঠিল, বোপা। এতিয়া ছোৱালী দুজনীক উলিয়াই দিব পাৰিলে শান্তিৰে মৰিব পাৰোঁ। ছন্দাক লৈ ম‍ই চিন্তা কৰা নাই। এলিনাকলৈহে মোৰ দুঃশ্চিন্তা ৷ তাই কাৰো হাক-বচন নামানেতাইৰ লেখা-পঢ়াৰ প্ৰতি মুঠেই ধান্দা নাই। দিনৰ দিনটো টলৌ টলৌকৈ ঘূৰি ফুৰে।

অর্ণৱে সান্ত্বনা দিয়াৰ কাৰণে কলে- কি কৰিব, খুড়ী ! হাতৰ আঙুলিয়োতো আটাইকেইটা সমান নহয়। একে মাটিৰ ফলৰ সোৱাদো একে নহয়, কিছুমান মিঠা, কিছুমান টেঙা, কিছুমান আকৌ তিতা-কেহা। এয়া বয়সৰ দোষ, সময়ত সকলো ঠিক হৈ যাব

এৰা, বোপা। তাকে ভাবিয়ে কপাল সুঁৱৰি আছো। ছন্দাৰ মাকে কপাল স্পৰ্শ কৰিলে।

এনেতে ছন্দা চাহ লৈ সোমাই আহিল । অর্ণৱে চাহ খাই থাকোঁতেই এলিনা বৈঠকখানাৰ ভিতৰলৈ সোমাই আহিল। তাই সোমাই আহিয়ে অৰ্ণৱক দেখি কলে- এওঁ কোন, আই?

ছন্দাৰ চিনাকি। ছন্দাৰ মাকে ক'লে- অট' চালক। কালিও আহিছিল।

এলিনাই অৰ্ণৱৰ ফালে তাচ্ছিল্যৰ দৃষ্টিত এপলক চায়ে মাকৰ ফালে চাই ক'লে- মই যাওঁ, আই। পিকনিকলৈ যাম। আহোঁতে ৰাতি হ'ব৷

মাকে বিৰক্তি মিহলি সুৰত ক'লে- পিক্‌নিক্‌লৈ! কোন ঠাইত যাবি?

গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰলৈ যাম। এলিনাই কৈফিয়তৰ সুৰত ক'লে- আমাৰ কলেজৰ বহু ছোৱালী যাব। মোৰ পলমে হ'ল। ন বজাত বাছ এৰাৰ কথা ।

: তই দেখোন দুমাহ আগতে শ্ৰীসূৰ্য পাহাৰ চাই আহিলি? এতিয়াই আকৌ যোৱাৰ কি প্রয়োজন পৰিল ?

: আমাৰ কলেজৰ বহু ছোৱালীয়ে এতিয়ালৈকে পাহাৰখন চোৱা নাই। সিহঁতৰ লগত যাম।

:নাই নাই। মাকে বাধা দি কৈ উঠিল- তই আজি পিকনিক্‌লৈ যাব নোৱাৰ।

: নগলে লগৰ ছোৱালীবোৰে বেয়া নাপাব জানো ?

পায় যদি পাব। মাকে কলে- আজি যাব নোৱাৰ বুলি কৈছো যেতিয়া যাব নোৱাৰ৷

অর্ণৱে মাজতে কলে- আজি নগ'লেই নহয় নেকি?

এলিনাই চকু ঘোপা কৰি অৰ্ণৱৰ ফালে চালে । মাক-জীয়েকৰ কথাৰ মাজত সাধাৰণ অট' চালক এজনে হস্তক্ষেপ কৰাত তাই স্বাভাৱিকতে কিছু ক্ষুণ্ণ হৈ উঠিছিল । সেয়ে তাই কিছু উষ্মাৰে সৈতে কলে- কেনেকৈ হ'? আটায়ে মোৰ কাৰণে ৰৈ থাকিব, নগ'লে সিহঁতে মোক কি বুলি ভাবিব?

অর্ণৱে সেমেনা-সেমেনি কৰি ক'লে- খুড়ীয়ে কৈছে যেতিয়া.....

এলিনাই এইবাৰ প্রকাশ্যে উষ্মা প্রকাশ কৰি ক'লে- আপুনি মোক উপদেশ দিব নালাগে। আমাৰ মাক-জীয়েকৰ কথাৰ মাজত আপুনি অনধিকাৰ চৰ্চা নকৰিলেই মই ভাল পাম

ছন্দাই কাপপ্লেট থবলৈ ওলাই গৈছিল। তাই কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি এলিনাৰ কথাবোৰ শুনিলে । অৰ্ণৱৰ প্ৰতি অশালীন ব্যৱহাৰ কৰা দেখি তাই আহত হ'ল । তাই প্রতিবাদ কৰি উঠিল- কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তই এতিয়ালৈকে নিশিকিলি। ক্ষমা খোজ৷

এলিনাই বিদ্বেষভৰা দৃষ্টিত ছন্দাৰ ফালে চালে। এনেতে ফোন বাজি উঠিল। এলিনাই চিলনীৰ দৰে ছোঁ মাৰি ৰিচিভাডাল দাঙি ললে- হেল্লোঃ...

..............

আহি আছো ৰবি । আয়ে আপত্তি কৰি আছে কাৰণে পলম হৈ আছে। আইক মেনেজ কৰি আহি আছো ৰ'ৰাখিলো । তাই ৰিচিভাৰডাল ক্রেডেলত নমাই থৈ মাকক উদ্দেশ্য কৰি ক'লে- আই, মই যাওঁ।

এলিনাই মাকৰ অনুমতিলৈ অপেক্ষা নকৰি ভৰি আগবঢ়ালে ।

ছন্দাই অভিভাৱকসূলভ গাম্ভীৰ্যতাৰে সুধিলে- সেয়া কাৰ ফোন আছিল ?

এলিনাই ছন্দাৰ ফালে ঘূৰি চাই ক'লে- ক-কল্পনাৰ ...

কল্পনা নামটো উচ্চাৰণ কৰোঁতে উজুটি খালি কিয়? ছন্দাই শাসনৰ সুৰত ক'লে- সঁচা কথা ক’, কাৰ ফোন আছিল ?

কলোঁৱেতো কল্পনাৰ- এলিনাই সেপ ঢুকি কলে।

ছন্দাই দৃঢ় কণ্ঠত কলে- কণ্ঠস্বৰ ছোৱালীৰ নহয়, পুৰুষৰহে। সঁচা কথা ক’, কাৰ ফোন আছিল?

এলিনাই বিৰক্তিত দুখোজমান আগুৱাই আহি ঔদ্ধত্য ভংগীত কলে- হয়, স্বীকাৰ কৰিছো পুৰুষৰে ফোন আছিল। সেই বুলি কি হ'? পুৰুষে ফোন কৰিলে ছোৱালীৰ জাত যায় নেকি? এলিনাই অৰ্ণৱৰ ফালে অৱজ্ঞাৰ দৃষ্টিত চাই ছন্দাৰ ফালে ঘূৰি ক'লে- তুমি মাতি আনি পুৰুষ বন্ধু এজনক ঘৰত সুমুৱালেও দোষ নহয়, আৰু মই ফোনত কথা পাতিলেই জাত যায়! মই গ'লো৷ কিবা ক'ব লগা থাকিলে ঘূৰি অহাৰ পাছত ক'বা ।

এলিনা বোৱঁতী নিজৰাৰ দৰে চঞ্চল গতিত কোঠালিৰপৰা ওলাই গ'ল। মাকে পিছফালৰ পৰা মাতিলে যদিও সেই ফালে তাই ভ্রূক্ষেপ নকৰিলে ৷ মাক, ছন্দা আৰু অৰ্ণৱ পক্ষঘাতগ্ৰস্ত ৰোগীৰ দৰে নিৰ্বাক হৈ সেই দৃশ্য চাই থাকিল । শ্বাসৰোধী উদ্বেগ মাৰ যোৱাৰ পাছত বিৰক্তি আৰু ক্ৰোধত অধীৰ হৈ ছন্দাই মাকক উদ্দেশ্য কৰি ক'লে- আই, তোমাৰ অত্যধিক মৰমৰ কাৰণেই তাই ইমানদূৰ পাইছেগৈ। দেউতা ঘৰত থাকিলে আজি লংকাকাণ্ড হৈ গ'লহেঁতেন।

মাকে কবলৈ ভাষা বিচাৰি নাপাই আহত কণ্ঠত কলে- মোৰ মূৰটো বৰকৈ বিষাই আছে। দেউতাৰা ঘৰলৈ আহিলে তেওঁৰ লগত আলোচনা কৰি কিবা এটা কৰিব লাগিব। তাই অৰ্ণৱলৈ উদ্দেশ্য কৰি ক্ষমা খোজাৰ ভংগীত ক'লে- তুমি বেয়া নাপাবা, বোপা। তোমাক অপমান কৰাৰ কাৰণে আমি দুঃখিত । তুমি বহা । ছন্দাৰ লগত কথা পাতা। এজনী উদণ্ড ছোৱালীৰ কথাত তুমি মন বেয়া নকৰিবা

শ্রান্ত-ক্লান্ত-অৱসন্নভাবে থৰক-বৰক খোজেৰে মাক বৈঠকখানাৰ পৰা ওলাই গ'ল। মাকৰ অৱস্থা দেখি অৰ্ণৱৰ তাইৰ প্ৰতি পুতৌ উপজিল। তাইৰ অৱস্থা দেখি অর্ণৱে তাক কৰা অপমানৰ কথা পাহৰি গ'ল । সি হুমুনিয়াহ কাঢ়ি কলে- পেটৰ সন্তানে যদি হাক-বচন নামানে ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে!

ছন্দাই দীঘলকৈ উশাহ টানি আহত কণ্ঠত ক'লে- তাই বল্গাহীন ঘোঁৰাৰ দৰে হৈ পৰিছে। এতিয়া লেকাম টানি ধৰিলেও তাইৰ গতিৰোধ কৰাটো সম্ভৱ নহ'ব যেন লাগিছে। দেউতা ঘৰলৈ আহিলে তাইৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব।

অৰ্ণৱৰ চকুৰ আগত কালি দেখা দৃশ্যটো ভাহি উঠিল। কালি এলিনাই প্রদীপ দত্তৰ বাইকৰ পাছত উঠি আহিছিল। সি নিশ্চিত হ'ল যে, তাই নিশ্চয় প্ৰদীপ দত্তৰ ফান্দতে ভৰি দিছে। ফলত সি শংকিত হৈ উঠিল ৷ কাৰণ কালি সি নিজ চকুৰে প্ৰত্যক্ষ কৰিছে প্ৰদীপ দত্তৰ চৰিত্ৰৰ কথা। সি এজন ভণ্ড, পাষণ্ড, হত্যাকাৰী। তাৰ ফান্দত ভৰি থ'লে এলিনাৰ জীৱন দুর্বিষহ হৈ উঠাটো নিশ্চিত। সেয়ে সি প্রদীপ দত্তৰ চৰিত্ৰৰ বিষয়ে ছন্দাক জনোৱাটো উচিত হ'ব বুলি ভাবিলে। কিন্তু কথাটো পোনপটীয়াভাবে ক'বলৈ তাৰ সংকোচবোধ হ'ল। কিন্তু নকলেও ছন্দাৰ লগত প্ৰতাৰণা কৰা হ'ব। সেয়ে সি সেমেনা-সেমেনি কৰি ক'লে- আপোনাক মই এষাৰ কথা ক'ব খুজিছো, কিন্তু ক'বলৈ ভৰসা পোৱা নাই। কাৰণ আপুনি কথাটো বা কি ধৰণে লয়!

ছন্দাই কৌতুহলী দৃষ্টিত অৰ্ণৱৰ ফালে চালে। তাৰ পাছত ক'লে- কওঁক, কি ক'ব খুজিছে। একো অসুবিধা নাই।

অর্ণৱে পুনৰ ভূমিকাৰেই আৰম্ভ কৰিলে- মোৰ কথা শুনি বেয়া নাপাব। কথাটো মই এশ শতাংশ নিশ্চিতও নহয়। সেয়ে মোৰ কথা শুনি বিচলিত হোৱাৰো কোনো প্রয়োজন নাই। কথাটো শুনাৰ পাছত ধীৰে-সুস্থিৰে গ্ৰহণযোগ্য সিদ্ধান্তলৈ আহিব লাগিব। কাৰণ বিপদত ধৈর্য ধৰাই হ'ল বুদ্ধিমানৰ কাম ।

অৰ্ণৱ ৰৈ গ'ল ছন্দাৰ প্ৰতিক্ৰিয়া জানিবলৈ।

অৰ্ণৱৰ কথাত ৰহস্যৰ গোন্ধ পাই ছন্দা উৎকণ্ঠিত হৈ উঠিল। তাই কাতৰ দৃষ্টিত অৰ্ণৱৰ ফালে চাই আহত কণ্ঠত কলে- ভূমিকা এৰি এতিয়া আচল কথা কি তাকে কওঁক।

অর্ণৱে ক'লে- কথাটো এলিনাৰ বিষয়ে। তাইক কালি মই যিজন মানুহৰ লগত দেখিছো, প্ৰকৃততে সি ভাল মানুহ নহয়। সি নিজক ব্যৱসায়ী বুলি পৰিচয় দিয়ে যদিও প্রকৃততে সি এজন লম্পট- প্ৰতাৰক। এনেকি নৰহত্যাৰ দৰে জঘন্য অপৰাধৰ লগতো সি জড়িত।

অৰ্ণৱৰ কথাত ছন্দাই হৃদয়ত কাঁইট বিন্ধাৰ দৰে যন্ত্ৰণা অনুভৱ কৰিলে । তাই মানুহজনৰ বিষয়ে জানিবলৈ উদগ্ৰীৱ হৈ উঠিল। উত্তেজিত কণ্ঠত সুধিলে তাই- কোন, কোন সেই লম্পট?

প্রদীপ। প্রদীপ দত্ত। এলিনাই যাতে প্রদীপ দত্তৰ লগত মিলা-মিচা কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব।

ইয়াৰ পাছত অর্ণৱে প্ৰদীপ দত্তৰ বিষয়ে জনাখিনি থূলমূলকৈ বিৱৰি ক'লে।

অৰ্ণৱৰ কথা শুনি ছন্দা নির্বাক আৰু নিশ্চল মূৰ্তিৰ দৰে হৈ পৰিল। ফলত কোঠালিটোত এক থমথমীয়া পৰিৱেশ বিৰাজ কৰিবলৈ ধৰিলে। খন্তেক পাছতে ছন্দাই নিজক চম্ভালি কম্পিত কণ্ঠত কলে- মই যি সন্দেহ কৰিছিলো শেষলৈ গৈ সেয়াই সঁচা প্ৰমাণিত হ'ল। এতিয়া মই কি কৰোঁ, কওঁকচোন ।

অর্ণৱে উপদেশৰ সুৰত ক'লে- আপুনি প্ৰদীপ দত্তৰ বিষয়ে এলিনাক সকলো কথা ভাঙি-পাতি কওঁক। তেতিয়া তাই নিশ্চয় কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব

তাই কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব জানো? ছন্দাই কান্দোনমূৱা হৈ ক'লে- ইফালে মোৰ দুৰ্ণাম। সেই দুর্ণামৰপৰা সকাহ পামনে নাই তাৰো নিশ্চয়তা নাই। ইয়াৰ মাজতে যদি তাইৰো কিবা এটা হৈ যায় তেতিয়া আমি সমাজত মুখ উলিয়াম কেনেকৈ, কওঁকচোন! মা-দেউতাই এইবোৰ কথা জানিলে তেওঁলোকৰ অৱস্থা কি হ? দেউতাই হার্ট ফেইলো কৰিব পাৰে। কাৰণ তেওঁৰ আগৰে পৰাই হাৰ্টৰ বেমাৰ আছে। মাহে মাহে দিল্লীলৈ গৈ চেক্ কৰাব লাগে৷

ছন্দাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে। অর্ণৱে বাধা নিদিলে। কান্দককান্দিলে, মনৰ ক্ষোভ চকু-পানী হৈ সৰি মনটো পাতল হ'ব।*

                         বিছ

জুইৰ ওচৰলৈ মম নিলে মম গলে। বৰফ গলিলে নদী হৈ বয়। ওচৰ সান্নিধ্যই হৃদয়ৰ সম্পৰ্ক দৃঢ় কৰে। এহাল ডেকা-গাভৰুৰ সান্নিধ্যই মনৰ মাজত সৃষ্টি কৰে ৰামধেনুৰ দৰে সাতোবৰণীয়া অনুভূতি আৰু সেই অনুভূতিৰ নামেই হ'ল ভালপোৱা। কিন্তু ভালপোৱা বিচাৰিলে পোৱা নাযায়, ভালপোৱাই অযাচিতভাবে পাহি মেলে হৃদয়ৰ গভীৰত৷

অৰ্ণৱ আৰু ছন্দা। কেইদিনমান আগতো কোনেও কাকো জনা নাছিল। কিন্তু ঘটনাক্রমেই উভয়ে উভয়ৰ ওচৰ চাপি আহিল । দুফালৰ পৰা দুটি জুৰি আহি যেন একাকাৰ হৈ গ'ল । শৰতৰ আকাশৰ স্নিগ্ধ জোনাকৰ দৰে ভালপোৱা নামৰ উচ্ছল অনুভূতিয়ে উভয়ক টৌৱাই গ'ল ।

কিন্তু অৱসন্ন উদাস সেই ভালপোৱা। তাত তৰংগ নাই। উচ্ছলতা নাই। আছে মাথোন সীমাহীন অনুভূতিৰ গভীৰতা। চুম্বকে লোক আকৰ্ষণ কৰাৰ দৰে- উভয়ে উভয়ৰ হৃদয়ক আকৰ্ষণ কৰে ঠিকেই; কিন্তু কোনেও কাকো ওচৰ চপাই নিয়াৰ চেষ্টা নকৰে। ইতিমধ্যে এলিনাৰ সমস্যা লৈ সিহঁত তিনিবাৰমান মিলিত হৈছে, কিন্তু মুখত কোনেও এবাৰৰ কাৰণেও ভালপোৱাৰ কথা উচ্চাৰণ কৰা নাই। কিন্তু সিহঁতৰ মাজত যে ভালপোৱাৰ সম্পৰ্ক গঢ় লৈ উঠিছে ইয়াত সন্দেহৰ অৱকাশ নাই। কাৰণ ৰজকিনী মন কৰে উচাটন, দেখিলে জুৰায় পৰাণ, নেদেখিলে মন কৰে হুতাসনএজনে আনজনক দেখিলে পুলক অনুভৱ কৰে, নেদেখিলে মন উৰুঙা উৰুঙা লাগে। কিবা যেন নাই নাই ভাবে হৃদয় আচ্ছন্ন কৰি ৰাখে

সিদিনা সন্ধিয়া হঠাৎ ছন্দা আহি অৰ্ণৱৰ ভাড়াঘৰত উপস্থিত হল। কুশল বাতৰি আদান-প্ৰদানৰ পাছত ছন্দাই ক'লে- কালি ম‍ই বিপাশাৰ লগত দেখা কৰিবলৈ গৈছিলো । আপুনি বিপাশাৰ বিষয়ে কোৱা প্ৰতিটো কথাই সঁচা। তাই মোক তাইৰ অতীত জীৱনৰ সকলো কথা ভাঙি- পাতি কৈছে। প্রথমে অৱশ্যে তাই কিছু দ্বিধাবোধ কৰিছিল। কিন্তু আপোনাৰ কথা কোৱাত তাই সকলো কথা বিৱৰি কৈছে। প্রদীপ দত্ত যে ইমান নীচ প্ৰকৃতিৰ মানুহ, সেয়া ম‍ই কল্পনা কৰিবলৈও টান পাইছো।

অর্ণৱে ছন্দাক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- আচলতে কাপোৰৰ তলত সকলো মানুহ নাঙঠ। কপোৰ পিন্ধি মানুহে বাহ্যিক নগ্নতাখিনিহে ঢাকিব পাৰে, মনৰ নগ্নতা ঢাকিব নোৱাৰে । প্ৰদীপ দত্ত দেখাত ভদ্র যেন লাগিলেও আচলতে সি এজন ক্রিমিনালহে । তাৰ বাহ্যিক ভদ্রতাখিনি মানুহক আভুৱা-ভাঁৰাৰ কৌশলৰ বাহিৰে আন একো নহয়গতিকে যিকোনো প্ৰকাৰে এলিনাক প্ৰদীপ দত্তৰ হাতৰ কবলৰপৰা মুক্ত কৰিবই লাগিব। নহ'লে এটা সময়ত তাইক লৈ আপোনালোকৰ মহাসমস্যা হব।

কিন্তু তাই বৰ্তমান আমাৰ আয়ত্বৰ বাহিৰত। ছন্দাই চিন্তিত কণ্ঠত কলে- আপোনাৰ পৰামৰ্শ অনুসৰি মই তাইক পাকে-প্ৰকাৰে প্ৰদীপ দত্তৰ বিষয়ে সকলো কথা ভাঙিপাতি কৈছো আৰু তাইক প্ৰদীপ দত্তৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছো; কিন্তু মোৰ কথাত তাই মুঠেই গুৰুত্ব দিয়া নাই। কালিও তাই প্রদীপ দত্তৰ লগত দেখা কৰিবলৈ গৈছিল । ভালটো ক'লেও তাই ওলোটাকৈহে লয়সিদিনা নাচালেনে তাইৰ ব্যৱহাৰ !

প্ৰয়োজন হ'লে খুড়া আৰু খুড়ীকো কথাটো জনাব লাগিব। অর্ণৱে পৰামৰ্শ আগবঢ়ালে।

মা-দেউতাক মই কথাটো ক'বলৈ ভৰসা পোৱা নাই। ছন্দাই আহত কণ্ঠত ক'লে- তেওঁলোকে কথাটো জানিলে হার্ট ফেইল কৰি মৰি থাকিব ।

অর্ণৱে কিছু উষ্মা প্রকাশ কৰি ক'লে- কিন্তু কিবা এটাতো কৰিবই লাগিব, তাইক মৰিবলৈ এৰি দিব নেকি? তাইক প্ৰদীপ দত্তৰ বিষয়ে বুজাই কোৱাৰ পাছতো যদি তাই কথাটো বিশ্বাস কৰিবলৈ টান পাইছে, প্রয়োজন হ'লে তাইক বিপাশাৰ ওচৰলৈকো লৈ যাব লাগিব। তাই এতিয়া কেঁচুৱা হৈ থকা নাই। বুজিবৰ যথেষ্ট বয়স হৈছে। বিপাশাৰ মুখত প্ৰদীপ দত্তৰ বিষয়ে শুনিলে তাই নিশ্চয় কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিব।

টোপনিত থকা মানুহক জগাব পাৰি, কিন্তু টোপনিৰ ভাওজুৰি থকা মানুহক জানো জগাব পাৰি? ছন্দাই আত্মসমৰ্পণৰ ভংগীত কলে- এতিয়া ম‍ই কি কৰিম, আপুনিয়ে কওঁক?

অর্ণৱে পৰামৰ্শ আগবঢ়ালে- প্রয়োজন হ'লে খুড়া-খুড়ীৰ লগত আলোচনা কৰি তাইক কেইদিনমানৰ কাৰণে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিব লাগিব। তথাপিও যদি তাই কথাটোৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰে, তেতিয়া বেলেগ পন্থা অৱলম্বন কৰিব লাগিব। কথাতে আছে নহয়, বুজাক বুজাবা ঠাৰে চিয়াঁৰে, নুবুজাক বুজাবা ঢেঁকীৰ থোৰাৰে। প্ৰয়োজন হ'লে পুলিচৰ সহায়ো ল'ব লগা হ'ব পাৰে।

ছন্দা উচাপ খাই উঠিললে- পুলিচৰ সহায় ! নাই নাই, সেয়া সম্ভৱ নহয়। পুলিচৰ সহায় ল'বলৈ গ'লেই মা-দেউতাক কথাটো জনাব লাগিব ৷ তেওঁলোকে এই বিষয়ে কেতিয়াও সন্মত নহ'ব৷

সন্মত কৰাব লাগিব। অর্ণৱে ক'লে- সেই বুলি জানি-শুনি তাইক ধ্বংসৰ মুখলৈ ঠেলি দিব নেকি?

আচলতে আপুনি কথাটোৰ গুৰুত্বই উপলব্ধি কৰিবপৰা নাই। ছন্দাই অসহায়ভাবে কলে- তেওঁলোকে কথাটো জানিলে হার্ট ফেইল কৰি মৰিব

কিন্তু এনেকৈ থাকিলেওতো তেওঁলোকে এদিন কথাটো জানিবই। অর্ণৱে পৰামৰ্শৰ সুৰত ক'লে- কিন্তু তেতিয়া জানিলে একো লাভ নহ'? ধৰক, এলিনা যদি হঠাৎ ঘৰৰপৰা নাইকীয়া হৈ যায়, তেতিয়া সমাজৰ ককৰ্থনা আৰু এলিনাক হেৰুৱাৰ শোকত তেওঁলোক এনেয়েও মৰিব। তাতকৈ আগতেই জানক । যি হয় পাছত দেখা যাব। অন্ততঃ এলিনাকতো প্ৰদীপ দত্তৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা যাব।

মই একো ভাবিব পৰা নাই। ছন্দাই মূৰৰ চুলি আঁজুৰি ক'লে- আচলতে মোৰ মূৰটোৱে কাম কৰা নাই।

ঠিক আছে। অর্ণৱে কলে- আপুনি একো কৰিব নালাগে। জোচেফৰ লগত আলোচনা কৰি ময়ে কিবা এটা কৰিম, বাৰু । আপুনি এতিয়া ঘৰলৈ যাওঁকগৈ। পাছত আমি এই বিষয়ে কথা হমহি।

ছন্দা ঘৰলৈ আহিল ।

ছন্দা বৈঠকখানাত প্ৰৱেশ কৰি দেখিলে, এলিনা ক'ৰবালৈ যাবলৈ সাজি-কাছি ওলাই আহিছে। যিমানদূৰ সম্ভৱ কণ্ঠস্বৰ কোমল কৰি ছন্দাই সুধিলে- ক'লৈ যোৱা ?

ছন্দাৰ প্ৰশ্নত এলিনা বিৰক্ত হ'ল যদিও তাই বিৰক্তি প্ৰকাশ নকৰি ক'লে- এনেই। ফুৰিবলৈ।

ছন্দাই কোমল অৱসন্ন কণ্ঠত অনুৰোধৰ সুৰত ক'লে- তোৰ লগত মোৰ বিশেষ জৰুৰী কথা আছে। অকনমান বহ।

ছন্দাৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত এলিনা উৎকণ্ঠিত হৈ উঠিল। কাৰণ সিদিনা অৰ্ণৱক অপমান কৰাৰ পাছৰ পৰা ছন্দাৰ লগত তাইৰ প্ৰায় মাতবোল নাই বুলিয়ে ক'ব পাৰি। তথাপিও কালি ছন্দাই উপযাচি কথা পাতি ক'ৰ পৰা কোন প্ৰদীপ দত্তৰ বিষয়ে কি শুনি আহি তাৰ চৰিত্ৰ ভাল নহয় বুলি পাকে-প্ৰকাৰে কিছু কথা কৈ তাইক তাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে, কিন্তু কথাটোত তাই মুঠেই গুৰুত্ব দিয়া নাই। কাৰণ কথাটো তাইৰ বিশ্বাস হোৱা নাই। হয়তো ছন্দাই বেলেগ কোনো প্ৰদীপৰ বিষয়ে কিবা শুনি আহি তাইক তেনেকৈ কৈছে! কাৰণ তাই জানে, প্রদীপ দত্ত কেতিয়াও ইমান নীচ হ'ব নোৱাৰে। কিন্তু আজি আকৌ কি ক'ব খুজিছে ছন্দাই। নিশ্চয় প্ৰদীপ দত্তৰ বিষয়েই কিবা ক'ব ! কয় যদি কওঁক, তাইৰ তাত একো আপত্তি নাই। কাৰণ কথাবোৰ তাই এটা কাণেৰে শুনিব আৰু আনটো কাণেৰে উলিয়াই দিব। সেয়ে তাই ব্যস্তভাবে কলে- কোৱা, কি ক'ব খুজিছা? মই সোনকালে এঠাইত যাব লগা আছে। যি ক'বা ভূমিকা এৰি সোনকালে কোৱা৷

ছন্দাই কলে- বৰ বেছি সময় নলও। তই অকনমান বহ। মই কোৱা কথাষাৰ ধীৰে-সুস্থিৰে শুন

এলিনা ছোফা এখনত বহি কলে- কোৱা, কি কবা ৷

তাইৰ কাষত বহি ছন্দাই সুধিলে- কালি মই তোক প্ৰদীপ দত্তৰ বিষয়ে যিবোৰ কথা ক'লো, তাত তই মুঠেই গুৰুত্ব দিয়া নাই। সেয়ে মই জানিব খুজিছো, প্রদীপ দত্তৰ লগত তোৰ সম্বন্ধ কি? সঁচা কথা কবি। মোৰ ওচৰত একো নুলুকাবি।

এলিনা কলে- প্রদীপক মই ভাল পাওঁ।

প্ৰদীপৰ পৰিচয় কি? সি কি কৰে?

সি এজন ব্যৱসায়ী। এলিনাই চমু উত্তৰ দিলে।

কিহৰ ব্যৱসায় কৰে ?

নানান ধৰণৰ মানে... এলিনাই সেমেনা-সেমেনি কৰিবলৈ ধৰিলে।

এলিনাক সেমেনা-সেমেনি কৰা দেখি ছন্দা উৎসাহিত হৈ উঠিল। তাই ক'লে- তাৰ মানে তই নাজান, সি কি ধৰণৰ ব্যৱসায় কৰে ৷

এলিনাই আহত কণ্ঠত নিজৰ অজ্ঞতা প্রকাশ কৰিলে- নাজানো

ছন্দাই তিৰস্কাৰৰ সুৰত ক'লে- যাৰ বিষয়ে তই একোকে নাজান, তাৰ লগত প্ৰেমত পৰিলি কেনেকৈ? তই বেয়া পাবি বুলি কালি ম‍ই তোক প্ৰদীপ দত্তৰ বিষয়ে সকলো কথা ভাঙি-পাতি কোৱা নাছিলো ৷ মাথোন তাৰ চৰিত্ৰ ভাল নহয় বুলিহে কৈছিলো। আজি শুন তাৰ চৰিত্ৰৰ বিষয়ে৷ কাৰণ তাৰ চৰিত্ৰ বিষয়ে তই নাজানিলেও মই জানো। প্রদীপ দত্ত এজন চৰিত্রহীন লম্পট। কিমান ছোৱালী তাৰ কামনাৰ চিকাৰ হৈছে, সেই হিচাপ হয়তো সি নিজেও দিব নোৱাৰিব। তাৰ অতীত আৰু বৰ্তমান দুয়োটাই কলংকময়। সি এজন নাৰী ব্যৱসায়ী। নৰহত্যাৰ দৰে জঘন্য অপৰাধৰ লগতো সি জড়িত।

নাই নাই, অসম্ভৱ ৷ এলিনাই দৃঢ় কণ্ঠত প্রতিবাদ কৰি উঠিল- প্রদীপ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। তাৰ দেউতাক উচ্চপদস্থ চৰকাৰী বিষয়া । তাৰ দেউতাকে মানুহৰ পৰা উৎকোচ লয় বুলি সি ঘৰৰ পৰা আঁতৰি আহি স্বাধীনভাবে ব্যৱসায় আৰম্ভ কৰিছে।

এইবোৰ তোক আভুৱা-ভাঁৰিবলৈ প্রদীপে কোৱা মনেসজা কথা। ছন্দাই ক'লে- সি যে এজন চৰিত্রহীন লম্পট, তই প্রমাণ বিচাৰিলে ম‍ই সেয়াও দিব পাৰিম ।

এলিনা কিছু পৰিমাণে বিচলিত হ'ল। কিন্তু তাই পাছমুহূর্ততে নিজক চম্ভালি প্ৰতিবাদ কৰি উঠিল- তুমি হয়তো বেলেগ কোনোবা প্ৰদীপৰ বিষয়ে শুনিছা।

বেলেগ প্রদীপ নহয়, মই তই ভালপোৱা প্ৰদীপৰ বিষয়েই কৈ আছো। ছন্দাই এইদৰে কৈ বিপাশাৰ পৰা শুনা কাহিনী তাইৰ আগত বিৱৰি কৈ ক'লে- বেলেগ প্রদীপ নহয়, এইজন প্রদীপেই বিপাশাৰ লগত বেইমানী কৰি কলংকৰ বোজা জাপি দি ঘৰৰপৰা পলাই আহিছিল। এয়া সাত বছৰ আগৰ কথা । বিপাশা বর্তমান এইখন চহৰতে আছে। তই তাইৰ মুখত প্ৰদীপৰ বিষয়ে নিজ কাণেৰে শুনিব খুজিলেও ম‍ই তোক শুনাব পাৰিব

এলিনাই কলে- বিপাশাৰ মুখত শুনিব নালাগে।তুমি কি জানা তাকে কোৱাচোন?

ছন্দাই অৰ্ণৱৰ মুখত শুনা বিপাশাৰ অতীত জীৱনৰ কাহিনী ভাঙিপাতি কৈ কলে- এতিয়াও তই কবি নেকি প্ৰদীপ দত্ত ভাল মানুহ?

বিপাশাৰ কাহিনী শুনি এলিনা দোধোৰ-মোধোৰত পৰিলপ্ৰদীপ দত্ত সঁচাকৈয়ে চৰিত্রহীন নেকি? তাই প্রদীপক ভালপাই ভুল কৰিছে নেকি? তাই এতিয়া কি কৰা উচিত? এইদৰে এশ এবুৰি প্রশ্নই তাক থকা-সৰকা কৰিবলৈ ধৰিলে। কোনো ধৰণৰ প্ৰতিবাদ নকৰি হঠাৎ তাই বহাৰ পৰা উঠি ধুমুহাৰ গতিত কোঠালিৰ পৰা বাহিৰলৈ ওলাই গ'ল।

ছন্দাই বাধা নিদিলে । তাই ভাবিলে, প্রদীপ দত্তৰ প্ৰকৃত স্বৰূপ জ্ঞাত হৈ হয়তো তাই আহত হৈ এই আচৰণ কৰিছে। ছন্দাই নিজৰ মনেৰে এলিনাক জুকিয়াই চাবলৈ যত্ন কৰিলে । প্ৰেম আচলতে কঁঠালৰ আঠাৰ দৰে, এবাৰ লাগিলে এৰুৱাটো টান হৈ পৰে । তাই নিজেওতো অৰ্ণৱৰ প্রতি আসক্ত! যদি কোনোবাই অৰ্ণৱৰ চৰিত্ৰ বিষয়ে তাইক বেয়াকৈ কয়, তাই জানো বিশ্বাস কৰিব? তাইৰ জানো বেয়া নালাগিব? তাই খিড়িকীৰে উদাস দৃষ্টিত বাহিৰলৈ চাই পঠিয়ালে। বাহিৰত নীলা আকাশ । তাৰ মাজত চপৰা-চপৰ দুটুকুৰা শুকুলা মেঘ ওলমি আছে। তাই নিঃশব্দে বাহিৰলৈ ওলাই আহিল। এলিনাই তেতিয়া অট' এখনত উঠি আছিল। তাই পুনৰ কোঠালিৰ ভিতৰলৈ সোমাই আহি ছোফাত এখনত অৱসন্নভাবে বহি পৰিল আৰু তাইৰ বুকু ভেদ কৰি এবুকু হুমুনিয়াহ ওলাই আহিল*

                              একৈছ

প্রদীপ দত্ত!

সাধাৰণ মধ্যবিত্ত পৰিয়লাৰ সন্তান। ঘৰৰ অৱস্থা মোটা-মুটি বেয়া নাছিল। মেট্ৰিক পাছ কৰাৰ পাছত সি কলেজতো নাম লগাইছিল। লেখা-পঢ়াতো বেয়া নাছিল। কিন্তু কৈশোৰ অৱস্থাৰ পৰাই তাৰ নাৰীৰ প্ৰতি দুৰ্বলতা আছিল। তাৰ এই দুৰ্বলতাৰ বাবে মূলতঃ দায়ী আছিল তেওঁৰে মাহীয়েকৰ বিধবা ছোৱালী কল্পনা। অকালতে বিধবা হোৱাত প্ৰদীপৰ মাকে তাইক কাম-কাজত সহায় হ'ব বুলি ভাবি নিজৰ লগতে ৰাখিছিল। উদ্ভ্রান্ত যৌৱনা কল্পনাৰ চকু পৰে প্ৰদীপৰ ওপৰত। প্ৰদীপৰ বয়স তেতিয়া মাথোন চৈধ্য বছৰ। কল্পনাই নিজৰ দৈহিক ভোক নিবাৰণৰ কাৰণে প্ৰদীপক ব্যৱহাৰ কৰিবলৈ লয়। প্ৰথমাৱস্থাত সি কৌতূহল বশতঃ কল্পনাৰ লগত মিলা-মিচা কৰিবলৈ লৈছিল। বয়স বঢ়াৰ লগে লগে সেই কৌতূহলেই লালসাৰ ৰূপ লয়। মাক-দেউতাকে কথাটো গম পাই কল্পনাক নিজৰ ঘৰলৈ পঠিয়াই দিয়ে। ফলত দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সি শামুকৰ দৰে হাত-ভৰি গোটাই থাকিবলৈ বাধ্য হয়। কল্পান ঘৰৰ পৰা গুচি যোৱাৰ পাছত তাৰ কৈশোৰ জীৱনৰ অভিসাৰ সিমানতে অন্ত পৰে৷

মেট্ৰিক পাছ কৰাৰ পাছত সি কলেজত ভৰ্তি হয়। সি মেছত থাকি লেখা-পঢ়া শিকিছিল। নতুন কলেজ, নতুন পৰিৱেশ ৷ কাৰো লগত বিশেষ বন্ধু-বান্ধৱ নাই। ফলত সি প্রথম তিনিটা বছৰ ভালদৰেই পাৰ কৰিলে৷ লাহে লাহে তাৰ বন্ধু-বান্ধৱৰ সংখ্যা বাঢ়ি আহিল। সেই বন্ধু- বান্ধৱৰ মাজত দুই এজন উচ্ছৃংখল বন্ধু-বান্ধৱো আছিল। সিহঁতৰ পাল্লাত পৰি সি পুনৰ নাৰীৰ প্ৰতি দুৰ্বল হৈ পৰে। তাৰ বন্ধু এজনে তাক সিহঁতৰ মেছৰ কাষতে থকা এজনী বিধৱা নাৰীৰ সন্ধান দিয়ে। এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া । সি পূৰ্বৰে পৰাই তেজৰ সোৱাদ পোৱা বাঘ। সি বন্ধুজনৰ সহায়ত বিধৱাজনীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ লয়। ফলত তাৰ অধ্যয়ন ধোঁৱাচাঙত উঠে। বি, এ পৰীক্ষাত দুবাৰ অৱতীৰ্ণ হৈয়ো সি বি, এ পাছ কৰিব নোৱাৰিলে। শেষত সি লেখা-পঢ়া এৰি ঘৰতে থাকিবলৈ ল'লে। ঘৰত থকা অৱস্থাতে তাৰ সিহঁতৰ গাঁৱৰে এজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। সেই ছোৱালীজনীক বিয়াৰ প্রলোভন দি সি তাইৰ লগত শাৰীৰিক সম্পৰ্কও স্থাপন কৰে৷

ইয়াৰ মাজতে সি তৃতীয়বাৰৰ কাৰণে বি, এ পৰীক্ষা দিয়াৰ কাৰণে বিপাশাহঁতৰ ঘৰত থাকিবলৈ লয়। তাতো সি বিপাশাক বিয়াৰ প্রলোভন দি তাইৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। পৰীক্ষা দি ঘৰলৈ অহাৰ পাছত সি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। তাৰ প্ৰেমিকা অন্তঃসত্ত্বা হোৱাত গাঁৱৰ মানুহে তাৰ লগত বিয়া পাতি দিবলৈ সিদ্ধান্ত লয়। কিন্তু সি সকলোৰে চকুত ধূলি দি চহৰলৈ পলাই আহে। চহৰলৈ অহাৰ পাছত সি নাৰী ব্যৱসায়ী চক্ৰ এটাৰ লগত জড়িত হৈ পৰে। ফলত সি ধৰা পৰি জে'ললৈ যাব লগা হয়। সেই কেছত তাৰ দুবছৰৰ জেল হয়। জেলত থাকোঁতে তাৰ চোৰ, গুণ্ডা, বদমাচৰ লগত পৰিচয় হয়। জে'লৰ ম্যাদ খাটি ওলাই অহাৰ পাছত সি দুখীয়া ঘৰৰ ছোৱালীৰ লগত প্ৰেমৰ অভিনয় কৰি ফুচুলাই নি বহিঃৰাজ্যত বিক্ৰী কৰা, শিশু অপহৰণ আদিৰ দৰে অসামাজিক কামত লিপ্ত হৈ পৰে৷

হোটেল ফৰচুনত তাৰ এদিন এলিনাৰ লগত পৰিচয় হয়। সি এলিনাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। এলিনাহঁতৰ ঘৰৰ অৱস্থা ভালসেয়ে সি বর্তমান এলিনাৰ লগত বৈবাহিক সম্পৰ্ক স্থাপনৰ কাৰণে চিন্তা-চৰ্চা কৰি আছে।

এলিনা অটৰপৰা নামি উদভ্ৰান্তৰ দৰে প্ৰদীপ দত্তৰ ভাড়াঘৰলৈ সোমাই আহিল। কলিংবেলত টিপামৰাৰ খন্তেক পাছতে প্রদীপ দত্তই দুৱাৰ খুলি দিলে।

এলিনাক দুৱাৰ মুখত থিয় দি থকা দেখি প্রদীপ দত্ত উৎফুল্লিত হৈ উঠিল। কিন্তু সি এলিনাৰ শাওণ মহীয়া আকাশৰ দৰে থম্‌থমীয়া মুখমণ্ডল দেখি অপ্ৰস্তুত হৈ উঠিল। সি কোনোমতে নিজক চম্ভালি কলে- তুমি ! তোমাক ইমান বিচলিত দেখাইছে কিয়? কি হৈছে তোমাৰ ?

এলিনাই বিদ্রূপৰ হাঁহিমাৰি ক'লে- মোক দেখি দেখোন একেবাৰে সাপ দেখা মানুহৰ দৰে চক্ খাই উঠিলা ?

প্রদীপ দত্তই সেমেনা-সেমেনি কৰি ক'লে- নাই, মানে...তোমাক আজি সম্পর্ণ বেলেগ ৰূপত দেখাৰ কাৰণে অলপ অপ্ৰস্তুত হৈছো। কোৱাচোন, কি হৈছে তোমাৰ?

এলিনাই নিৰ্বিকাৰভাবে কলে- তোমাৰ লগত মোৰ জৰুৰী কথা আছে। আশা কৰোঁ, তুমি মোৰ আগত কোনো কথা লুকাবলৈ চেষ্টা নকৰিবা

তুমি ইমান উত্ৰাৱল হৈছা কিয়? কি হৈছে তোমাৰ? প্ৰদীপ দত্তই মেগনিফানিং গ্লাছত দেখাৰ দৰে এলিনাৰ ফালে সন্ধানী দৃষ্টিত চাই কলে- আহা, ভিতৰত আহি আগতে বহি লোৱা। যি ক'ব লগা আছে ভিতৰত বহি কোৱা৷

প্ৰদীপ দত্ত দুৱাৰ মুখত থিয় দি আছিল। এলিনা কোঠালিৰ ভিতৰলৈ সোমাই আহিল। প্রদীপে দুৱাৰখন জপাই এলিনাৰ সন্মুখত বহি সুধিলে- এতিয়া কোৱা, ইমান উত্ৰাৱল হোৱাৰ কাৰণ কি?

এলিনাই প্ৰদীপৰ চকুত চকু থৈ নিৰ্বিকাৰৰ্ভাবে সুধিলে- কোৱাচোন, তোমাৰ বিষয়ে যি শুনিছো, সেয়া সঁচা নেকি?

চোৰৰ মনত সদায় পুলিচৰ ভয় লাগিয়ে থাকে। সেয়ে এলিনাৰ দ্ব্যর্থবোধক প্ৰশ্নত প্ৰদীপৰ বুকু হম্হমাই উঠিল। উৎকণ্ঠাত তাৰ মুখমণ্ডল শেঁতা পৰি গ'ল ৷ সি ভাবিলে, এলিনাক নিশ্চয় তাৰ বিৰুদ্ধে কোনোবাই লগাইছে। তথাপি সি নিজক চম্ভালি লৈ নীৰস হাঁহি মাৰি ক'লে- তুমি নকলে মই কেনেকৈ জানিম মোৰ বিষয়ে তুমি কি শুনিছা। কোৱাচোন, মোৰ বিষয়ে তুমি কি শুনিছা ?

এলিনাই সুধিলে- তুমি নাৰী ব্যৱসায়ৰ লগত জড়িত নেকি?

প্ৰশ্নটো শুনি প্ৰদীপৰ এনেকুৱা লাগিল যেন কোনোবাই যেন তাৰ বুকুত চোকা কটাৰি এখনেৰে খোঁচহে মাৰিলে। তাৰ অন্তৰাত্মা তীব্ৰ আৰ্তনাদ কৰি উঠিল ৷ তথাপি যিমানদূৰ সম্ভৱ সি নিজক চম্ভালিলৈ প্ৰতিবাদৰ সুৰত ক'লে- তুমি বলিয়া হলা নেকি? কোনে ক'লে তোমাক এইবোৰ কথা ?

ৰপৰাই শুনি নাথাকো কিয়, কোৱা সঁচাকৈয়ে তুমি.....এলিনাই ইচ্ছাকৃভাবে বাক্যটো আধৰুৱাকৈ এৰিলে।

প্রদীপে স্থিৰ দৃষ্টিত এলিনাৰ ফালে চাই আবেগজড়িত কণ্ঠত কলে- চোৱা এলি, তোমাক মই ভাল পাওঁ। মই জানো তুমিও মোক ভালপোৱা। আমাৰ এই ভালপোৱা হয়তো কাৰোবাৰ সহ্য হোৱা নাই। গতিকে প্রতিহিংসাপৰায়ণ হৈ মোৰ বিৰুদ্ধে তোমাক এইবোৰ কথা শুনাইছে। প্রদীপে অভিমানৰ সুৰত কলে- লোকৰ কথা শুনি যদি তুমি মোক অবিশ্বাস কৰিছা, মই তোমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ প্ৰস্তুত আছো। মই পাহৰি যাম যে, এলিনা নামৰ কোনো ছোৱালীৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ৷ মোৰ কাৰণে তুমি লোকৰ কথা শুনিব নালাগে।

প্ৰদীপৰ চকু ভৰা পুখুৰীৰ দৰে চল্‌চলীয়া হৈ উঠিল। সি উদাস দৃষ্টিত এলিনাৰ ফালে চাই কৃত্ৰিম হুমুনিয়াহ কাঢ়িলে

প্ৰদীপৰ চকুত চকুপানী দেখি শীতৰ কুঁৱলিৰ দৰে এলিনাৰ মনৰ পৰা সকলো মান-অভিমান নাইকীয়া হৈ গ'ল। আবেগ আপ্লুত কণ্ঠত তাই অভিমান কৰি ক'লে- তেনেকৈ নকবা। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। মই তোমাক ভাল পাওঁ- গভীৰভাবে ভাল পাওঁ । এলিনাই প্ৰসংগ সলনি কৰি অন্তৰংগভাবে কলে- তুমি দুই এদিনৰ ভিতৰত আমাৰ ঘৰলৈ গৈ মা-দেউতাৰ লগত বিয়াৰ কথা পাতা। আমাৰ ভালপোৱাৰ কথা ঘৰৰ আটায়ে ইতিমধ্যে গম পাই গৈছে। বেছিদিন এইদৰে মই লুকাই-চুৰকৈ তোমাৰ লগত মিলা-মিচা কৰিব নোৱাৰিম

প্ৰদীপৰ ওঁঠত বিজয়ৰ হাঁহি বিৰিঙি উঠিল। সি এলিনাক আশ্বাস দিলে- তোমাৰ যি ইচ্ছা তাকে কৰা হ'ব। ম‍ই কাইলৈ বিয়াৰ প্ৰস্তাৱ দি তোমালোকৰ ঘৰলৈ মানুহ পঠিয়াম।

প্ৰদীপৰপৰা আশ্বাস পাই এলিনাৰ মন উৎফুল্লিত হৈ উঠিল যদিও পাছমুহূৰ্ততে এজাক দুঃশ্চিন্তাৰ কলা ডাৱৰে তাইৰ মন আৱৰি ধৰিলে৷ দেউতাকৰ ওচৰতো যদি কোনোবাই এই কথা লগাই থাকে, তেনেহ'লে দেউতাকে জানো এই বিয়াত সন্মত হব! গতিকে তাই প্রদীপক সতৰ্ক কৰিবলৈ ক'লে- দেউতাৰ কাণতো যদি কোনোবাই এইবোৰ কথা লগাই থাকে তেতিয়া দেউতাই জানো বিয়াত সন্মত হ'?

প্রদীপে ভ্ৰূযোৰ কোঁচাই খন্তেক কিবা ভাবি নিৰুদ্বেগ কণ্ঠত কলে- তুমি এই বিষয়ে চিন্তা কৰিব নালাগে । তাৰ যি ব্যৱস্থা কৰিব লাগে ম‍ই কৰিম ৷ পাপ কৰিলেহে যমৰ ভয়। মই কোনো পাপ কৰা নাই। গতিকে মোৰ বিশ্বাস, তোমাৰ দেউতাৰাই আমাৰ ভালপোৱাৰ কথা উপলব্ধি কৰিব পাৰিব।

প্ৰদীপ দত্তৰ পৰা আশ্বাস পাই এলিনাৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিলতাই প্ৰদীপৰ ফালে কটাক্ষ কৰি ক'লে- মই বাথৰোমৰ পৰা আহি আছো ।

এলিনা বাথৰোমৰ ভিতৰলৈ সোমাই গ'ল। প্ৰদীপৰ চিন্তাৰস্ৰোত তৃতীয়াৰ জোনৰ দৰে বেঁকা হৈ উঠিল৷ সি বহাৰ পৰা উঠি গৈ জয়শ্ৰীক ফোন কৰিলে। সিপ্ৰান্তৰ পৰা জয়শ্ৰীৰ কণ্ঠস্বৰ ভাহি আহিল- হেল্লোঃ, কোন ?

মই প্রদীপ। প্রদীপ দত্ততুমি মোক দুঘণ্টামান পাছত পল্টন বজাৰ বাছষ্টেণ্ডত লগ ধৰিবা। তোমাৰ লগত জৰুৰী কথা আছে।

ঠিক আছে। জয়শ্ৰীয়ে সিপ্ৰান্তৰ পৰা আশ্বাস দিলে- যথাসময়তেই গৈ পামহি। তুমি চিন্তা নকৰিবা ৷

ধন্যবাদ জনাই প্রদীপ দত্তই ৰিচিভাৰ ক্রেডেলৰ ওপৰত নমাই থৈ আলমাৰীৰ পৰা মদৰ বটল উলিয়াই গিলাচত মদ ঢালিলে। এনেতে এলিনা কোঠালিৰ ভিতৰলৈ সোমাই আহিল। প্ৰদীপক মদৰ গিলাচ সন্মুখত লৈ বহি থকা দেখি এলিনাই ভ্রূকুঞ্চিত কৰি সুধিলে- তুমি বলিয়া হলা নেকি? এই সময়ত মদ ?

অকনমান খাই লোৱা ৷ প্রদীপে উপদেশৰ সুৰত ক'লে- মদ খালে মনৰ পৰা সকলো দুঃশ্চিন্তা দূৰ হৈ যাব

এলিনাই কলে- তুমি খোৱা। মই এই সময়ত খাব নোৱাৰিম। এতিয়া মই ঘৰলৈ যাম।

প্রদীপ দত্তই আবদাৰৰ সুৰত ক'লে- একো নহয়। অকনমান খোৱা। মই অকলে খালে মজা নাপাম৷

এলিনাই আপত্তি কৰিলে যদিও তাইৰ আপত্তি নিটিকিল। প্ৰদীপৰ অনুৰোধ মৰ্মে তাই গিলাচৰ মদ একে উশাহে শেষ কৰি গিলাচটো মেজৰ ওপৰত নমাই থৈ কলে- আৰু অনুৰোধ নকৰিবা । ইয়াৰ পৰা পোনে পোনে মই ঘৰলৈ যাম। গতিকে বেছিকৈ খালে দেউতাই কথাটো গম পাই যাব পাৰে

নকৰোঁ। প্রদীপে এলিনাৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত লৈ ক'লে- তুমি মোৰ প্ৰথম ভালপোৱা। তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মই কোনো কাম নকৰোঁ ।

এলিনাৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। প্ৰদীপ বহাৰ পৰা উঠি তাইৰ গালত আলফুলে চুমা খালে। এলিনাৰ সৰ্বশৰীৰ ৰোমাঞ্চিত হৈ উঠিল। তাই মৃদু আপত্তি কৰি ক'লে- কেইদিনমান পাছতেইতো আমি বিয়া সোমাই আছো। যিমান মন যায় তেতিয়া সিমান মৰম কৰিব পাৰিবা

এলিনাৰ পৰা সঁহাৰি পাই প্ৰদীপৰ তেজৰ গতি উত্তাল হৈ উঠিল। সি এলিনাক জোৰেৰে সাৱটি ধৰি চুমাৰে উপচাই পেলালে । বিদ্যুৎপৃষ্ট দৰে এলিনাৰ শৰীৰ ৰৈ ৰৈ কঁপি উঠিবলৈ ধৰিলে। এটা সময়ত তাই প্ৰদীপৰ বাহুবন্ধনৰ মাজত নিজৰ শৰীৰটো অলসভাবে এৰি দিলে৷

প্রদীপে এলিনাক বিদায় দি জয়শ্ৰীক লগ ধৰিবলৈ নিদিষ্ট বাছষ্টেণ্ড লৈ আহিল৷ জয়শ্রী আগৰে পৰাই তাত ৰৈ আছিলসিহঁত নিঃশব্দে কাষৰৰেষ্টোৰাঁ খনলৈ সোমাই গৈ এটা নির্জন কোণত ওচৰা-উচৰিকৈ বহিল।

জয়শ্ৰীয়ে নীৰৱতা ভংগ কৰিলে- কোৱাচোন, এই সময়ত মোক ইয়ালৈ মাতি অনাৰ কাৰণ কি ?

প্ৰদীপ দত্তই জয়শ্ৰীৰ কাণৰ গুৰিলৈ মুখ আনি ক'লে- আমাৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ উপক্ৰম হৈছে, জয়া। এলিনাকো কোনোবাই মোৰ বিৰুদ্ধে লগাইছে।

জয়শ্ৰীৰ চকুযুৰি হিংস্ৰ কুটিল হৈ উঠিল। তাই চিন্তিত কণ্ঠত কলে- এলিনাক কোনে ক'লে এইবোৰ কথা?

মোৰ ধাৰণা, তাই হয়তো এইবোৰ কথা বিপাশাৰ মুখতে শুনিছে!

এতিয়া কি কৰিম বুলি ভাবিছা?

একো ভবা নাই। প্রদীপে ক'লে- সেই কাৰণেইতো পৰামৰ্শৰ কাৰণে তোমাক মাতি আনিলো।

জয়শ্ৰীৰ ভ্ৰযোৰ কোঁচ খাই গ'ল। তাই খন্তেক ভাবি কলে- তুমি সিদিনা তোলা ফটোবোৰ ক'ত ৰাখিছা?

কোনবোৰ ফটো?

সেই যে সিদিনা অসম লজত তোলা ফটোবোৰ ! জয়শ্ৰীয়ে বিজ্ঞৰ দৰে ক'লে- মই বহু ভাবি-চিন্তিয়ে তোমাক ফটোবোৰ তোলাৰ কাৰণে পৰামৰ্শ দিছিলো । মই আগতেই উপলব্ধি কৰিব পাৰিছিলো, এনেকুৱা কিবা এটা হ'ব পাৰে বুলি ।

ফটোবোৰ মোৰ ভাড়াঘৰতে আছে। প্রদীপে কৌতূহলী দৃষ্টিত জয়শ্ৰীৰ ফালে চাই ক'লে- ফটোবোৰেৰে কি কৰিব খুজিছা ?

জয়শ্ৰীৰ ওঁঠত কুটিল হাঁহিৰ ৰেখা বিৰিঙি উঠিল। তাই ক'লে- ফটোবোৰেৰে তাইৰ দেউতাক ব্লেকমেল কৰিব লাগিব। এলিনাৰ দেউতাকক ফটোবোৰ দেখুৱালে সি ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমাক কমেও এক লাখ টকা দিবলৈ সন্মত হ'ব।

মাথোন এক লাখ! প্ৰদীপে মুখ বিকৃত কৰি ক'লে- এক লাখ টকাৰে আমি কি কৰিম। তাইক বিয়া কৰাব পাৰিলে কমেও দহ বাৰ লাখ টকাৰ সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন। বহু লোকচান হ'ব। সিফালে আশা কৰিছিলো, সোণবোৰ পালে অন্ততঃ পোন্ধৰ বিছ লাখমান পাম। সেয়াও অথলে গ'ল। এতিয়া এই আশাও যদি ত্যাগ কৰিব লাগে। তাতকৈ বিহ খাই মৰাই ভাল৷

জয়শ্ৰীয়ে বাধা দি ক'লে- অমংগলীয়া কথাবোৰ নকবাচোন । জাল পেলালেই যে সদায় মাছ উঠিব তাৰ কি নিশ্চয়তা আছে! এতিয়া যি পাম সেয়াই লাভ। আচলতে আমি বেছি লোভ কৰিবলৈ গৈয়ে ভুল কৰিছোঁ। তুমি কাইলৈ ৰাতিপুৱা ফটোবোৰ লৈ এলিনাহঁতৰ ঘৰলৈ যাবা । দহ বজাৰ আগত নাযাবা । ছন্দা ঘৰৰ পৰা ওলাই যোৱাৰ পাছতহে যাবা। এঘাৰমান বজাত গ'লেই হ'ব। যেনেতেনে কামটো কালিয়ে কৰিব লাগিব। পলম কৰিলে বিপদ হ'ব পাৰে। কেনেবাকৈ কথাটো জোচেফৰ কাণত পৰিলে, আমাৰ জীৱনলৈয়ো সংশয় নামি আহিব পাৰে

জোচেফৰ কথা শুনি আক্রোশ খঙত প্ৰদীপৰ মুখমণ্ডল হিংস্ৰ হৈ উঠিল। ক'লে- জোচেফেই সকলো জঁটকোঁটৰ মূল। ইয়াৰ পৰা যোৱাৰ আগতে তাক খতম কৰি দি যাব লাগিব

জয়শ্ৰীয়ে বাধা দি ক'লে- তাক খতম কৰাটো ইমান সহজ কাম নহয় । সি লগত সদায় পিস্তল ৰাখে । তথাপি যদি পাৰা মোৰ ফালৰ পৰা কোনো আপত্তি নাই । আগতে মই যি কলো তাকে কৰা। কাইলৈ ৰাতিপুৱা এলিনাহঁতৰ ঘৰলৈ গৈ এলিনাৰ দেউতাকক ফটোবোৰ দেখুৱাই দুই লাখ টকা দাবী কৰিবা ।

প্রদীপ টেনিচ বলৰ দৰে জাঁপ মাৰি উঠি প্ৰতিবাদ কৰি উঠিল- নাই নাই, মই সেই নাঙঠ ফটোবোৰ তেওঁক দেখুৱাব নোৱাৰিম। তুমিও যাব লাগিব মোৰ লগত৷

'ব বাৰু। জয়শ্ৰীয়ে সন্মতি জনাই ক'লে- তুমি অকলে যাবলৈ যদি ভয় কৰিছা ময়ো যাম তোমাৰ লগত ৷

এইদৰে সিদ্ধান্ত লৈ চাহ খাই দুয়ো ৰেষ্টোৰাঁৰ পৰা ওলাই আহিল৷*

                      বাইছ

দেওবাৰ। সন্ধিয়া সাত বজা। ছন্দা ৰিক্সাৰ পৰা নামি অৰ্ণৱৰ ভাড়াঘৰ লৈ সোমাই আহিল।

অৰ্ণৱ অলসভাবে নিজৰ পাঠ্য কিতাপত চকু ফুৰাই আছিল । তাৰ গাটোও অলপ বেয়া। দুদিনমানৰ পৰা সি পানীলগা জ্বৰত ভূগি আছে। ইফালে তাৰ পৰীক্ষাও কাষ চাপি আহিছে। এপষেকমান পাছত তাৰ পৰীক্ষা। আগতে সি দেওবাৰেও অটলৈ ওলাই গৈছিল। পৰীক্ষা কাষ চাপি অহাৰ কাৰণে সি দেওবাৰে অটলৈ ওলাই যোৱা বন্ধ ৰাখিছে। ৰোমতে থাকি আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে।

সি কিতাপ সামৰি থৈ কৌতূহলী দৃষ্টিত ছন্দাৰ ফালে চালে। ছন্দাৰ মুখমণ্ডল বিষণ্ন- শেঁতা। থমথমীয়া ভাব। তাই কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি কৈফিয়তৰ সুৰত ক'লে- এই সন্ধিয়া পৰত আপোনাক দিগ্‌দাৰি দিয়াৰ কাৰণে আহিলো ।

ছন্দাৰ অৱস্থা দেখি অৰ্ণৱ কিছু পৰিমাণে উৎকণ্ঠিত হৈ উঠিল। সি সুধিলে- কওঁকচোন কি কথা?

ছন্দাই বিষণ্ন বেদনাচ্ছন্ন কণ্ঠত কলে- আমাৰ ঘৰখনত আজি সন্ধিয়া প্ৰচণ্ড ধুমুহা বৈ গ'ল। এইদৰে ভূমিকাৰে আৰম্ভ কৰি ছন্দা আচল প্ৰসংগলৈ আহিল- আজি সন্ধিয়া মই বৈঠকখানাত বহি আলোচনী এখনত চকু ফুৰাই আছিলো। এনেতে ঘটনাটো ঘটি গ'ল ।

অৰ্ণৱ কৌতূহলী হৈ উঠিল। সুধিলে- কি ঘটনা?

কালিৰ পৰা দেউতাই মন মাৰি আছে। ছন্দাই কলে- কাৰো লগত বিশেষ মাতবোল নকৰা হৈছে। সাধাৰণতে মই অফিচৰ পৰা আহিলে ভাল-বেয়া খা-খবৰ লয় । কালি মোৰ লগতো কথা পতা নাই। ঠিকমতে খোৱা-লোৱাও কৰা নাই। কিবা যেন এক ভাবত বিভোৰ হৈ আছে। মাৰ লগতো কথা পতা নাই। মই দুবাৰমান কথা পাতিবলৈ চেষ্টা কৰিছো, কিন্তু হাতেৰে ইংগিত কৰি মোক বিৰত কৰিছে।

অর্ণৱে সুধিলে- আজি কি হল তাকে কওঁক ।

মই আলোচনীখনত চকু ফুৰাই থাকোঁতে হঠাৎ এলিনা সাজি-কাছি বৈঠকখানাৰ ভিতৰলৈ সোমাই আহিল। মই তাইক লৈ যাৱবুলি সুধিলো।

কিন্তু তাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই দেউতা হঠাৎ কোঠালিৰ ভিতৰলৈ সোমাই আহিল। এলিনাক দেখি তেওঁ হুংকাৰ দি উঠিল- এই সন্ধিয়াখন কলৈ যাৱ ?

দেউতাৰ কণ্ঠস্বৰত অশুভ বাৰ্তাৰ ইংগিত পাই এলিনাই সেমেনা-সেমেনি কৰি ক'লে- নাই, মানে.. এনেয়ে..

দেউতাই বিদ্রূপৰ সুৰত ক'লে- ড্রয়িংৰোমত বহি থাকিবলৈ নিশ্চয় কাচি-পাৰি ওলোৱা নাই। এইদৰে কৈয়ে দেউতাই প্ৰসংগ সলনি কৰি ধমকিৰ সুৰত সুধিলে- প্ৰদীপ দত্তৰ লগত তোৰ সম্পৰ্ক কি?

দেউতাৰ প্ৰশ্নত এলিনা অপ্রস্তুত হ'ল। ভীত সন্ত্ৰস্ত হৈ উঠিল তাই। মুখণ্ডল শেঁতা পৰি গ'ল। তাই তলমূৰ হৈ মনে মনে থিয় দি থাকিল।

66তাইৰ নীৰৱতাত দেউতাৰ খং দুগুণে চৰিল । তেওঁ সিংহৰ দৰে গৰজি উঠি ক'লে- মনে মনে আছ কিয় ? মোৰ প্ৰশ্নৰ উত্তৰ দে। ওঁঠ টিপিলে এতিয়াও গাখীৰ ওলাব। এতিয়াই প্রেম! প্রেম, নে অভিসাৰ? আজিৰ পৰা তোৰ লিখা-পঢ়া বন্ধ। লিখা-পঢ়াৰ মূল নুবুজাবোৰে লিখা-পঢ়া শিকি কি হব। আজিৰ পৰা ঘৰৰ ভিতৰতে বন্দী হৈ থাকিব লাগিব। প্রেম! প্ৰেম কৰিবলৈ আৰু মানুহ নাপালি ! এটা ঠগ, প্ৰৱঞ্চকৰ লগত প্ৰেম কৰিবলৈ গৈছে! এইদৰে দেউতাই মুখত যি আহে তাকে বলকি যাবলৈ ধৰিলে।

মই ভয়ত সন্ত্ৰস্ত হৈ উঠিলো। মোৰ মুখৰ মাত হৰিল। মই ছোফাখনত জড়পদাৰ্থবৎ হৈ বহি থাকিলো। এনেতে মা বৈঠকখানাৰ ভিতৰলৈ সোমাই আহিল। মাক দেখি দেউতা যেন অধিক জ্বলি উঠিল। মাই কিবা ক'বলৈ মুখ মেলিবলৈ লৈছিলহে মাথোন, দেউতা ভেকুলীৰ দৰে জাঁপ মাৰি আহি মাক ঠেলা মাৰি পেলাই দিলে ৷ মাক তেনেকৈ অপদস্ত কৰা দেখি মই থিৰেৰে থাকিব নোৱাৰিলো। ম‍ই বহাৰ পৰা উঠি মাক মজিয়াৰ পৰা তুলি ক'লো- দেউতা, আপুনি বলিয়া হ'ল নেকি? আপোনাৰ হৈছে কি?

দেউতাই মোৰ ফালে দুখোজমান আগুৱাই আহি গুজৰি উঠিল- আজি তোকো নেৰোঁ। প্ৰেম কৰিবলৈ আহিছে! প্রেম! সিয়ো এটা ড্ৰাইভাৰৰ লগত ! দুয়োজনীৰে প্ৰেম আজি তেল পেৰাদি পেৰিম। এজনীপ্ৰেম কৰিছে অট' ড্ৰাইভাৰৰ লগত আৰু আনজনীয়ে এটা গুণ্ডাৰ লগত ! আজিৰ পৰা দুয়ো ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰ। দুয়োটাকে কোঠালিৰ ভিতৰত বন্ধ কৰি বাহিৰৰ পৰা তলা লগাই থ, বুজিছ!

এইদৰে কিছুসময় তর্জন-গৰ্জন কৰাৰ পাছত প্ৰচণ্ড ক্ষোভত উদভ্রান্তৰ দৰে ঘৰৰ বস্তু-বাহানি দলিয়াই পেলাবলৈ ধৰিলে আৰু মুখত যি আহে তাকে বলকি যাবলৈ ধৰিলে- নালাগে, মোক একো নালাগে । কাৰ কাৰণে এই সংসাৰ সম্পত্তি ! ঘৰত জুই লগাই দি কাশীত গৈ বাস কৰিম। সকলো সম্পত্তি বাটৰ ভিখাৰীক বিলাই দিম।

ইয়াৰ মাজতে সুৰঙা পাই মই কোঠালিৰ পৰা ওলাই নিজৰ শোৱনি কোঠালি লৈ আহিলো।

এটা সময়ত দেউতা শ্রান্ত-ক্লান্ত হৈ কামকৰা বাইজনীক মাতি পানী খুজিলে । দেউতাই পানী খাই নিজৰ কোঠালিটোলৈ গৈ বিছনাত শুই পৰিল। মই ভাবিলো, এয়াই সুযোগ! মই সন্তর্পণে কোঠালিৰপৰা ওলাই হাতত সাৰে ভৰিত সাৰে পোনে পোনে আপোনাৰ ইয়ালৈ আহিছো ।

ছন্দাৰ কথাবোৰ অৰ্ণৱৰ ওচৰত বিষাদ গভীৰ গল্পৰ দৰে লাগিল। এলিনাই যে ইয়াৰ বাবে দায়ী এয়া উপলব্ধি কৰিবলৈ তাৰ অসুবিধা নহ'ল। কিন্তু ছন্দাৰ দেউতাকে এই কথা গম পালে ক'ৰপৰা ?

অৰ্ণৱৰ ভ্ৰূযোৰ কোঁচ খাই গ'ল। সি ক'লে- এলিনাক দেখি খং কৰাৰ পৰা এটা কথা উপলব্ধি কৰিবলৈ অসুবিধা নহয় যে, নিশ্চয় আপোনাৰ দেউতাকে এলিনাৰ প্ৰেমৰ বিষয়ে গম পাইছে। কিন্তু জানিলে কেনেকৈ? আপুনি এই বিষয়ে দেউতাকক কিবা কৈছিল নেকি?

ছন্দাই ক'লে- নাই নাই, মই দেউতাক এই বিষয়ে একো কোৱা নাই।

তেনেহ'লে এলিনাৰ আৰু প্ৰদীপ দত্তৰ প্ৰেমৰ বিষয়ে গম পালে কেনেকৈঅর্ণৱে ক'লে- নিশ্চয় ইয়াৰ অন্তৰালত কিবা ৰহস্য আছে। ম‍ই জোচেফৰ লগত এই বিষয়ে আলোচনা কৰিম। আপুনি দেউতাকৰ ওপৰত চকু ৰাখিব। মানসিক ভাৰসাম্য হেৰুৱাই তেওঁ কিবা অঘটনো ঘটাব পাৰে।

অঘটন মানে আত্মহত্যা! কথাষাৰ ভবাৰ লগে লগে ছন্দা আতংকিত হৈ উঠিল। ক'লে- এতিয়া উপায় কি?

অর্ণৱে ক'লে- আপুনি এতিয়া ঘৰলৈ যাওঁকগৈ। কিন্তু এই বিষযে আপুনি দেউতাকক একো সুধিব নালাগে। এই বিষয়ে মই জোচেফৰ লগত আলোচনা কৰিম। সি নিশ্চয় ইয়াৰ ৰহস্য উদঘাটন কৰিব পাৰিব। ম‍ই এতিয়াই কামখ্যালৈ যাম জোচেক লগ কৰাৰ কাৰণে ৷ জোচেফক এতিয়া নিশ্চয় তাত লগ পাম

ছন্দা ওলাই যোৱাৰ পাছত অর্ণৱে কাপোৰ-কানি পিন্ধি জোচেফক বিচাৰি অট' লৈ ক্যমাখ্যা লৈ আহিল। সি কামাখ্য মন্দিৰৰ গেটৰ সন্মুখত জোচেফক লগ পালে। জোচেফৰ পিন্ধনত গেৰুৱা পোচাক। খালি ভৰি। উদং গা। কিলাকুটি আৰু ডিঙিত ৰুদ্ৰাক্ষৰ মালা । বাও হাতত কমণ্ডলু আৰু সোঁহাতত ত্ৰিশূল। সি সন্মুখৰ ফালেহাওলি ত্রস্তপদত গে'টৰ ফালে আহি আছিল।

অর্ণৱে অটৰ গতি মন্থৰ কৰি জোচেফৰ কাষত ৰখাই দি মাতিলে- খুড়া !

প্রথমে জোচেফে কথাটোত গুৰুত্ব নিদিলে। কাৰণ সন্ন্যাসীক কোনেও খুড়া বুলি নামাতে। সচৰাচৰ মানুহে সাধুবাবা বুলি সকলোৱে সম্বোধন কৰে । কাৰণ সন্ন্যাস লোৱা মানইেতো জাগতিক সম্বন্ধৰ পৰা নিৰ্বাসন। সেয়ে সন্ন্যাসীৰ কোনো আপোন মানুহ নাথাকে। সন্ন্যাসীসকলে কোনো বস্তুক নিজৰ বুলি দাবীও নকৰে। আছো, মোৰ, ম‍ই এইবোৰ শব্দ সন্ন্যাসীসকলে বৰ্জন কৰি চলে। সেয়ে সন্ন্যাসীসকলক কোনেও সম্বন্ধ ধৰি সম্বোধন নকৰে। অৰ্ণৱেও কোনোদিন তেওঁক এইদৰে খুড়া বুলি সম্বোধন কৰা নাই। হঠাৎ তাৰ মুখৰপৰা খুড়া শব্দটো ওলাই যোৱাত সি নিজেও আচৰিত হ'ল। কিন্তু জোচেফৰ ওপৰত খুড়া সম্বোধনৰ কোনো প্ৰভাৱ নপৰাত সি অট'ৰ পৰা নামি জোচেফৰ বাট ভেটি থিয় দি ক'লে- ময়ে মাতিছো। ক'লৈ গৈ আছে?

অৰ্ণৱক দেখি জোচেফ কিছুপৰিমাণে উল্লসিত হৈ উঠিল- আৰে, তুমি ! ভাড়ালৈ আহিছা নেকি?

অর্ণৱে নাকাৰাত্মকভাবে মূৰ দুপিয়াই ক'লে- নাই নাই, ভাড়ালৈ অহা নাই। আপোনাকে বিচাৰি আহিছো ৷

জোচেফ কৌতূহলী হৈ উঠিল- মোক বিচাৰি! কিয়? কিবা খবৰ আছে নেকি ?

অর্ণৱে সন্মতিত মূৰ দুপিয়াই ক'লে- হয়, আপোনাৰ লগত বিশেষ কথা আছে। কিন্তু এইদৰে ৰাস্তাত থিয় দি কথা পতাত অসুবিধা আছে । বলক, কোনোবা নির্জন ঠাইত বহোঁগৈঅলপ সময়ো লাগিব। বলক, আমাৰ ভাড়াঘৰত বহি পাতোগৈ ।

লা। জোচেফ অটত উঠি বহিল।

সিহঁত অৰ্ণৱৰ ভাড়াঘৰলৈ আহিল। জোচেফেই প্ৰথমে আৰম্ভ কৰিলে- কোৱা, তোমাৰ বিশেষ কথা।

'ৰপৰা আৰম্ভ কৰিব তাকে কিছুসময় ভাবি অর্ণৱে ক'লে- কথা আচলতে ঘোৰতৰেই। ছন্দাহঁতৰ ঘৰৰ ব্যক্তিগত কথা। অর্ণৱে এইদৰে ভূমিকাৰে আৰম্ভ কৰি ছন্দাৰ মুখৰপৰা শুনা ঘটনাটো বিৱৰি ক'লে ৷

জোচেফে ঘটনাটো শুনি ক্রোধ উত্তেজনাত সিংহৰ দৰে ফুলি উঠিল। সি মুখ বিকৃত কৰি ক'লে- আচলতে সিদিনাই তাক শেষ কৰি দিব লাগিছিল৷ তাক এৰি দিয়াটোৱে ভুল হৈ গ'ল ।

অর্ণৱে কৌতূহল দমাম নোৱাৰি সুধিলে- কাৰ কথা কৈছে?

প্রদীপ দত্ত। জোচেফে ক'লে- এনেকুৱা পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলি মই আগতীয়াকৈয়ে অনুমান কৰিছিলো। কিন্তু তেতিয়া গুৰুত্ব দিয়া নাছিলো । মৃদুলা মুদৈ হত্যাৰ লগতো ইয়াৰ সম্পৰ্ক আছে।

অৰ্ণৱৰ ওচৰত কথাবোৰ সাঁথৰৰ দৰে অনুমান হ'ল। সি বিস্ময় কৌতূহলত সৰু ল'ৰাই মিঠৈলৈ চোৱাৰ দৰে জোচেফৰ ফালে চাই ক'লে- তাৰ মানে! আপুনি কি ক'ব খুজিছে?

জোচেফে অণুবীক্ষণত দেখাৰ দৰে অৰ্ণৱৰ ফালে সন্ধানী দৃষ্টিত চালে। সেই দৃষ্টিৰ সন্মুখত নিজক সংযত কৰিব নোৱাৰি অৰ্ণৱে তলমূৰ কৰিলে ৷ জোচেফে অপেক্ষাকৃত শান্ত সুৰত ক'লে- শুনা তেনেহ'লে ৷ আচলতে মৃদুলা মুদৈৰ হত্যাটো আছিল এক দুৰ্ঘটনা ৷ আচলতে হত্যাৰ টার্গেট আছিল বিপাশা । ভুল বশতঃ সিহঁতে মৃদুলা মুদৈক হত্যা কৰিছিল। জোচেফে খন্তেক ৰৈ ক'লে- তুমি জানো কোৱা নাছিলা যে, মৃদুলা হত্যাৰ দিনাই বিপাশা দুৰ্ঘটনাত পতিত হৈ মূৰত আঘাত পাইছিল।

অৰ্ণৱৰ কৌতূহল বাঢ়ি গ'ল। সি সন্মতিসূচক মূৰ দুপিয়াই ক'লে- হয় কৈছিলো। বিপাশাই নিজেও তাইক ইচ্ছাকৃতভাবে খুন্দা মাৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছিল ।

বিপাশাৰ সন্দেহ অমূলক নাছিল। জোচেফে কলে- আচলতে সেয়া দুর্ঘটনা নাছিল। হত্যাৰ উদ্দেশ্যলৈয়ে খুন্দাটো মাৰা হৈছিল । হত্যাৰ কাৰণো এতিয়া জল্জল্ পট্‌পটকৈ ওলাই পৰিছে। প্ৰদীপ দত্ত এজন নাৰীলোভী লম্পট। সিহঁতৰ দৰে মানুহবোৰে দেহৰ ভোকৰ কাৰণে সকলো কৰিব পাৰে। সিহঁতৰ ওচৰত হৃদয়ৰ সম্পৰ্ক গৌণ, দেহৰ সম্পৰ্কহে মুখ্য। নাৰী সংগসুখ লাভেই সিহঁতৰ মুখ্য উদ্দেশ্য। সিহঁতে সদায় নতুন নতুন নাৰী সংগসুখ লাভৰ কাৰণে লালায়িত হৈ থাকে। প্ৰদীপ দত্তই এদিনাখন এলিনাক দেখিলে আৰু স্বভাৱজাত বাবেই সি তাইৰ প্ৰতি আকৃষ্ট হ'ল। সি এলিনাৰ জৰিয়তে দুই প্ৰকাৰ লাভৰ কথা চিন্তা কৰিলে। এলিনা ধুনীয়া হোৱাৰ লগতে তাইৰ দেউতাক অজস্র টকাৰ মালিক। এলিনাৰ লগত প্ৰেমৰ অভিনয় কৰি তাইক বিয়া কৰাই সেই বিয়াৰ জৰিয়তে সি দুই প্ৰকাৰ লাভৰ কথা চিন্তা কৰিলে । এফালে তাইৰ সংগসুখ লাভ আৰু আনফালে টকা। কিন্তু সি অকলে এলিনাৰ কাষ চাপিবলৈ সক্ষম নোহোৱাত চৰ্ত সাপেক্ষে জয়শ্ৰীৰ কাষ চাপিল । চৰ্ত আছিল এনেকুৱা- জয়শ্ৰীয়ে তাক এলিনাৰ লগত সম্পৰ্ক গঢ়ি তোলাত সহায় কৰি দিলে, সি প্রথমে এলিনাক বিয়া কৰাই যৌতুকত টকা আদায় কৰিব আৰু পাছত তাইক দিল্লী অথবা মুম্বাইলৈ নি কোনোবা অসৎ চক্ৰৰ ওচৰত বিক্ৰী কৰি দি জয়শ্ৰীক বিয়া কৰাই যুগ্ম জীৱনৰ পাতনি মেলিব।

এলিনা মাজে-সময়ে হোটেল ফৰচুনলৈ গৈছিল। পৰিকল্পনা অনুসৰি জয়শ্ৰীয়ে প্ৰদীপৰ গুণ-গান বখানি এলিনাক প্ৰদীপৰ প্ৰতি আকৃষ্ট কৰি তুলিলে। কিছুমান নাৰীয়ে নিজৰ ৰূপ যৌৱন নিবোধৰ দৰে পুৰুষৰ ভোগৰ নৈবদ্য হিচাপে উপহাৰ দিব পাৰিলে নিজকে ধন্য বুলি ভাবে। দৈহিক কামনা-বাসনাই সিহঁতৰ কাৰণে মুখ্য। এলিনাও ঠিক সেই জাতৰে ছোৱালী। তাই জয়শ্ৰীৰ মুখত প্ৰদীপৰ প্ৰশংসা শুনি তাৰ প্রতি নির্বোধৰ দৰে আকৃষ্ট হৈ পৰিল। তাই প্ৰদীপৰ বিষয়ে খা-খবৰ লোৱাৰো প্ৰয়োজনবোধ নকৰিলে। জয়শ্ৰীৰ কথাত বিশ্বাস কৰিয়ে তাই প্ৰদীপৰ প্ৰতি আকৃষ্ট হৈ পৰিল। সিহঁতৰ এই অভিসাৰ চলি থাকোঁতেই এদিন হঠাৎ বিপাশা প্ৰদীপৰ চকুত পৰিল। বিপাশাক দেখি তাৰ অতীত কলংকৰ কথা মনত পৰি গ'ল আৰু সি শংকিত হৈ উঠিল । কাৰণ এলিনাহঁতৰ ঘৰ আৰু মাণিক মুদৈৰ ঘৰ উচৰা-ওচৰি। যদি বিপাশাই কেনেবাকৈ তাৰ অতীত কলংকৰ কাহিনী এলিনাৰ আগত প্ৰকাশ কৰি দিয়ে তেনেহ'লে তাৰ সকলো পৰিকল্পনা ধূলিস্যৎ হোৱাটো এক প্ৰকাৰ নিশ্চিত। বিপাশাক জীয়াই ৰখাৰ অৰ্থ এলিনাক হেৰুৱা। গতিকে সি শংকিত হৈ বিপাশাক হত্যা কৰাৰ উদ্দেশ্যে তাইক টেক্সিৰে খুন্দিয়াই থৈ গ'ল। কিন্তু তাই নমৰিল। ইফালে হত্যা নকৰিলেও নহয় ! গতিকে সি তাইক হত্যা কৰাৰ উদ্দেশ্যে মাণিক মুদৈৰ ঘৰলৈ গ'ল। কিন্তু ভুলতে সি মৃদুলা মুদৈক হত্যা কৰিলে।

অৰ্ণৱৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে জোচেফ ৰৈ গ'ল। অৰ্ণৱৰ চকু-মুখত উদ্বেগ কাতৰতা দেখি সি পুনৰ আৰম্ভ কৰিলে- প্রদীপে শেষ চেষ্টা কৰিলে সোণবোৰ লোৱাৰ সময়ত; কিন্তু সেয়াও ব্যর্থ হল।

অর্ণৱে ধৈর্য সহকাৰে জোচেফৰ কথাবোৰ শুনি আছিল। জোচেফ ৰৈ যোৱাত সি ক'লে- হয়, এতিয়াহে মোৰ কথাটো মনত পৰিছে। প্রদীপ দত্তই নিজেও হেনো এই কথা বিপাশাৰ আগত স্বীকাৰ কৰিছে। বিপাশাই মোক কথাটো কৈছিল, কিন্তু কথাটো মই আপোনাক ক'বলৈ পাহৰিছিলো। এইদৰে মন্তব্য কৰি সি সুধিলে- মৃদুলা মুদৈ হত্যাৰ লগত মাণিক মুদৈ জড়িত নহয় নেকি?

জোচেফে কলে- নহয়৷ অৱশ্যে সি একেবাৰে ধোৱা তুলসীৰ পাতো নহয়। প্রদীপে মৃদুলা মুদৈক হত্যা নকৰিলে হয়তো সিয়ে মৃদুলা মুদৈক হত্যা কৰিলেহেঁতেন !

অর্ণৱে কপাল কোঁচাই চিন্তাক্লিষ্টভাবে কলে- কিন্তু এইবোৰৰ লগত ছন্দাৰ দেউতাকৰ এই আচৰণৰ সম্পৰ্ক কি?

সম্পৰ্ক! জোচেফে মিচিকিয়া হাঁহি মাৰি ক'লে- বাৰে বাৰে ব্যৰ্থ হৈ প্ৰদীপহঁতে হয়তো যিকোনো বিষয় লৈ ছন্দাৰ দেউতাকক ব্লেকমেল কৰি আছে। অৱশ্যে মই এতিয়া একো সঠিককৈ ক'ব নোৱাৰিম। ছন্দাহঁতৰ ঘৰলৈ গৈ কথা পতাৰ পাছতহে এই বিষয়ে নিশ্চিত হ'ব পাৰিমএতিয়া আমি ছন্দাহঁতৰ ঘৰলৈ যাওঁ, লা।

দুয়ো আহি অটত উঠি বহিল। অর্ণৱে এলিনাহঁতৰ ঘৰলৈ বুলি অট' চলাই দিলে ৷

এলিনাক সিহঁতে বৈঠকখানাতে লগ পালে। ছন্দা ঘৰত নাছিল। ছন্দাৰ দেউতাক আৰু মাক নিজ কোঠালিতে মন মাৰি বহি আছিল ৷

এলিনাই অন্যমনস্কভাবে আলোচনী এখনৰ পাত লুটিয়াই আছিল। তাইৰ মুখমণ্ডল শেঁতা। শান্ত-ক্লান্ত অৱসন্ন দেহ। চকু-মুখত উৎকণ্ঠা। সৰাপাতৰ দৰে বিবৰ্ণ মুখমণ্ডল। দুদিন আগতে দেখা এলিনা আৰু বৰ্তমানৰ এলিনাৰ মাজত আকাশ-পাতাল পার্থক্য।

অৰ্ণৱহঁতক দেখি এলিনা অপ্ৰস্তুত আৰু বিৰক্ত হ'ল যদিও অৰ্ণৱৰ লগত সন্ন্যাসী এজনক দেখি তাই অভ্যর্থনাৰ সুৰত কলে-আপোনালোক আহক। বহক

জোচেফে ছোফা এখনত বহি এলিনাক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিলে। জোচেফৰ দৃষ্টিৰ সন্মুখত নিজক সংযত কৰিব নোৱাৰি তাই তলমূৰ কৰিলে ।

জোচেফে শান্ত-ধীৰ কণ্ঠত কলে- মোৰ নাম জোচেফ। মই যদি ভুল কৰা নাই, তোমাৰ নাম নিশ্চয় এলিনা। তোমাৰ লগত মোৰ অলপ কথা আছে। কথা মানে বিশেষ একো নহয়, মই তোমাক দুটামান প্রশ্ন সুধিম।

এলিনাই আহত কণ্ঠত কলে- সোধক।

জোচেফে পোনপটীয়াভাবে সুধিলে- প্ৰদীপ দত্তৰ লগত তোমাৰ সম্পৰ্ক কি?

এলিনা সচকিত হৈ উঠিল। তাই অপ্রসস্তুত হৈ হতভম্বৰ দৰে জোচেফৰ ফালে চালে। বেলেগ দিনা হ'লে তাই জোচেক দুই কথা টানকৈ ক'লেহেঁতেন; কিন্তু আজিৰ কথা অলপ বেলেগ। দেউতাকৰ ব্যৱহাৰত তাই আজি মৰ্মাহত? তাইৰ সকলো কাঠিন্য অন্তর্হিত। দেউতাকৰ কি হৈছে! তেওঁ কিয় তাইৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰিলে ! এইবোৰ কথা ভাবি তাই বেদনাহত। সেয়ে তাই কোনো ধৰণৰ প্রতিবাদ নকৰি ক'লে- সেয়া জানি আপুনি কি কৰিব?

মই একো নকৰোঁ। জোচেফে কলে- মোৰ ব্যক্তিগত কোনো লাভ-লোকচানো নাই ইয়াত। তোমালোকৰ লাভৰ কাৰণেহে ম‍ই সুধিব লগা হৈছে।

এলিনাই নিৰুদ্বেগভাবে কলে- প্রদীপ দত্তক মই ভাল পাওঁ।

তুমি বেয়া পালেও মই অপ্রিয় কথা এষাৰ সুধিব লাগিব। জোচেফে ভূমিকাৰে আৰম্ভ কৰিলে- তোমালোকৰ ঘৰখনত সৃষ্টি হোৱা অশান্তিৰ কাৰণেই মই কথাষাৰ সুধিবলৈ বাধ্য হৈছো। তুমি প্ৰদীপৰ লগত কোনো যুগ্ম ফটো বা কোনোবা হোটেলত বিয়াৰ-ছিয়াৰ খাই সময় পাৰ কৰিছা নেকি? নাই নাই, লাজ নকৰিবা। চিকিৎসক আৰু উকিলৰ আগত কেতিয়াও মিছা কথা ক'ব নালাগে। এই কথা তুমি নিশ্চয় জানা। গতিকে লাজ নকৰি সঁচা কথা কোৱা৷

এলিনাই অৰ্ণৱৰ ফালে চাই তলমূৰ কৰিলে। জোচেফে তাইৰ দৃষ্টিৰ অৰ্থ উপলব্ধি কৰিব পাৰি অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- অৰ্ণৱ, তুমি অকনমান বাহিৰলৈ ওলাই যোৱা।

অর্ণৱে বাক্যব্যয় নকৰি মনে মনে বাহিৰলৈ ওলাই গ'ল ।

জোচেফে আত্মীয়তাৰ সুৰত ক'লে- তুমি মোক বন্ধু বুলি ভাবিব পাৰা ।

এলিনাৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'ল। তাই ইতস্ততঃ কৰিবলৈ ধৰিলে। এলিনাই লাজ কৰা দেখি সি তাইক উৎসাহিত কৰিবলৈ কলেদোষ কেতিয়াও শিল্পৰ নহয়, শিল্পীৰহে। লাজ নকৰিবা। ম‍ই এজন সন্ন্যাসী মানুহ। সংসাৰৰ সুখ-দুখ-জ্বালা-যন্ত্ৰণাৰ প্ৰতি মোৰ মুঠেই ভ্রূক্ষেপ নাই। তোমালোকৰ পৰিয়ালৰ অশান্তিৰ কথা ভাবিহে মই এইবোৰ নুসুধিব লগা কথা সুধিবলৈ বাধ্য হৈছো।

অৱশেষত পৰিয়ালৰ কথা চিন্তা কৰি এলিনাই প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হ'ল । এলিনাই কৈ গ'ল-

পাঁচ দিনমান আগৰ কথা। প্রদীপে মোক লৈ সিদিনা চিনেমা চাবলৈ গৈছিল। আমাৰ লগত সিদিনা জয়শ্ৰীও আছিল। চিনেমা শেষ হোৱাৰ পাছত জয়শ্ৰীয়ে আমাৰ পৰা বিদায় লৈ ঘৰলৈ গুচি গ'ল আৰু প্ৰদীপে মোক লৈ অসম লজ নামৰ হোটেলখনলৈ গ'ল। প্রদীপে আগতেই হোটেলৰ কোঠালিটো বুককৰি থৈছিল।

আগতীয়াকৈ বুক কৰি থৈছিল বুলি তুমি কেনেকৈ গম পালা। জোচেফে মাজতে সুধিলে।

এলিনাই ক'লে- কাৰণ প্ৰদীপে হোটেললৈ গৈ ৰিচিপশ্বনিষ্টক এটুকুৰা কাকত দেখুৱালে। লগে লগে ৰিচেশ্বনিষ্টে তাক এপাত চাবি দিলে। এইটো তেতিয়াই হ'ব পাৰে যেতিয়া আগতীয়াকৈ বুক কৰি থোৱা হয় ৷

বাৰু, তাৰ পাছত কি হ'ল কৈ যোৱা। জোচেফে কলে।

এলিনাই আৰম্ভ কৰিলে- চাবিপাত লৈ আমি আমাৰ নিৰ্দ্দিষ্ট কোঠালিটোলৈ গ'লো। আমি কোঠালিৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত প্রদীপে ওয়েটাৰক মাতি কাণে কাণে কিবা কথা ক'লে৷ খন্তেক পাছতে ওয়েটাৰজানে এবটল মদ দি গ'ল।

প্রদীপে দুপেকমান খোৱাৰ পাছত ক'লে- তুমিও এপেকমান লোৱা। নহ'লে অকলে মোৰ ভাল লগা নাই। এইবোৰ বান্ধু-বান্ধৱ নহ'লে খাই ভাল নালাগে।

মই ক'লো- নাই নাই, ম‍ই আজি নাখাও৷ মদ খালে মোৰ বমি বমি ভাব হয়।

তেনেহ'লে বিয়াৰ অনাও। প্রদীপে কলে- বিয়াৰ খোৱাত নিশ্চয় আপত্তি নাই?

ওয়েটাৰক মাতি বিয়াৰ অনালে। বিয়াৰ খোৱাৰ খন্তেক পাছতে মই টোপনি গ'লো। প্রায় দুঘণ্টামান পাছত সাৰ পাই দেখিলো, মই সম্পূৰ্ণ নাঙঠ হৈ প্ৰদীপৰ বাহুবন্ধনৰ মাজত শুই আছো। প্রদীপো সম্পূর্ণ উলংগ। সি মোৰ কাষতে আচ্ছন্নৰ দৰে শুই আছে। নিজৰ উলংগ অৱস্থা দেখি মই লাজত ৰঙা-চিঙা পৰি গ'লো। খঙে মোৰ চুলিৰ আগ পালেহি। কিন্তু ম‍ই প্রদীপক একো নক'লোলাহেকৈ তাৰ বাহুবন্ধনৰ পৰা মুক্ত হৈ ওৱাশ্ব ৰোমলৈ গৈ ফ্ৰেশ্বহৈ আহি প্ৰদীপক জগালো।

প্রদীপে এঙামুৰি দি উঠি কলে- ধৃষ্টতাৰ কাৰণে ক্ষমা খুজিছো। বিয়াৰ খোৱাৰ পাছতে তুমি হঠাৎ টোপনিৰ কোলাত ঢলি পৰিলা। নিদ্ৰাৰত অৱস্থাত তোমাৰ ৰূপ দুগুণে চৰিছিল। ফলত ম‍ই নিজক কন্ট্রোল কৰিব পৰা নাছিলোঁ। তুমি খং কৰিলেও এতিয়া উপায় নাই।

মই উত্তেজিত সুৰত ক'লো- তুমি বিয়াৰৰ লগত টোপনিৰ ঔষধ মিহলি কৰিছিলা নেকি?

প্ৰদীপ উচাপ খাই উছিল- আৰে, তোমাৰ সন্মুখতে দেখোন ফ্রেশ্ববটল খুলিলো। মই কেতিয়া টোপনিৰ দৰৱ মিহলি কৰিলো ?

অৱশ্যে প্ৰদীপে কথাটো মিছা কোৱা নাছিল । মোৰ সন্মুখতে ফ্ৰেশ্ববটল খুলিছিল। সেয়ে এই বিষয়ে মই তাৰ লগত বিশেষ তৰ্ক নকৰি তাক থৈয়ে হোটেলৰ পৰা ওলাই আহিলো। এলিনা ৰৈ গ'

জোচেফে সুধিলে- প্ৰদীপৰ লগত বেগ আছিল নেকি? এই ধৰা, কিছু ডাঙৰ আকাৰৰ ৷

আছিল। এলিনাই কলে- কিন্তু এই কথা কিয় সুধিছে?

কাৰণ আছে। জোচেফে বহাৰ পৰা উঠি ক'লে- ধন্যবাদ, মোৰ লগত সহযোগিতা কৰাৰ বাবে। বাৰু, তোমাৰ মাৰা-দেউতাৰা ঘৰত নাই নেকি ?

আছে। এলিনাই ক'লে- কিন্তু সিহঁতৰ আগত আপুনি এইবোৰ কথা নক', প্লিছ। নহ'লে ঘৰত পুনৰ অশান্তি হ'ব।

নকও বাৰু। জোচেফে কলে- তোমাৰ মাৰাক ইয়ালৈ পঠিয়াই দিয়াগৈতোমাৰ মাৰাৰ পৰা কিছু কথা জানিব লগা আছে। নাই নাই, তুমি চিন্তা নকৰিবা। তোমাৰ বিষয়ে কোনো কথা নকওঁ। তোমাৰ দেউতাৰাৰ বিষয়ে দুই এটা প্রশ্ন সুধিব লগা আছে।

এলিনা ভিতৰলৈ সোমাই গ'ল। খন্তেক পাছতে ছন্দাৰ মাক বৈঠকখানাৰ ভিতৰলৈ সোমাই আহিলতাইৰ চেহেৰাও বিধ্বস্ত ।

মাকে আহি ছোফা এখনত বহি কলে- আপোনাক ম‍ই চিনিব পৰা নাই। কি সকামত আমাৰ ঘৰলৈ আগমন?

আপুনি নিশ্চয় অৰ্ণৱক চিনি পায়। জোচেফে কলে- ছন্দা কিছু সময় আগতে অৰ্ণৱৰ তালৈ গৈছিল। সন্ধিয়া আপোনালোকৰ ঘৰত হোৱা অশান্তিৰ বিষয়ে তাই অৰ্ণৱৰ আগত ভাঙিপাতি কৈছে। অর্ণৱে আকৌ মোক এই বিষয়ে কৈছে। মই আপোনালোকৰ ঘৰত হোৱা অশান্তি কেনেকৈ দূৰ কৰিব পৰা যায় সেই বিষয়ে আলোচনা কৰিবলৈ ইয়ালৈ আহিছো। মই সন্ন্যাসী মানুহ। সংসাৰৰ জ্বালা-যন্ত্ৰণাৰ পৰা সম্পূৰ্ণ মুক্ত । মোৰ আগত মিচা কথা নক'ব। ম‍ই মাথোন আপোনাক দুটা প্রশ্ন সুধিম। আশা কৰোঁ আপুনি সঁচা কথা ক'ব।

ছন্দাৰ মাকে কলে- নিশ্চয় কম। ঘৰৰ অশান্তি দেখি মই মর্মাহত। কওঁক, কি সুধিব খুজিছে?

দুই এদিনত আপোনালোকৰ ঘৰলৈ কোনো অপৰিচিত মানুহ আহিছিল নেকি? জোচেফে সুধিলে।

আহিছিল। ছন্দাৰ মাকে কলে- এজন ডেকা ল'ৰা আৰু এজনী তিৰোতা মানুহ ৷

সিহঁতে কি কথা পাতিছিল আপুনি ক'ব পাৰিব নেকি ?

নাই, 'ব নোৱাৰিম। মই তেতিয়া তাত উপস্থিত নাছিলো ।

সিহঁত যোৱাৰ পাছত বৰ্মনে কিবা অস্বাভাৱিক আচৰণ কৰিছিল নেকি? এই ধৰক, কাৰোবাক গুৱাল গালি...... জোচেফে বাক্যটো আধৰুৱাকৈ এৰিলে।

নাই নাই, সিহঁত যোৱাৰ পাছত কাকো গালি পৰা নাই। ছন্দাৰ মাকে কলে- অৱশ্যে তেতিয়াৰ পৰাই মন মাৰি আছে। ম‍ই কিবা সুধিলেও উত্তৰ দিয়া নাই।

এই কেইদিন ঘৰৰ বাহিৰলৈ ওলাই গৈছে, নে ঘৰতে মন মাৰি বহি আছে?

কালি ওৰেটো দিন ঘৰতে আছিল । আজি দুপৰীয়া পাছবুকলৈ ওলাই গৈছিল ৷ আবেলি ঘৰলৈ আহি পুনৰ সন্ধিয়া বাহিৰলৈ ওলাই গৈছিল আৰু বাহিৰৰ পৰা আহিয়ে হুলস্থূলখন লগাইছিল।

বাৰু, আপোনাক আৰু দিগদাৰি নকৰো। জোচেফে ক'লে- চাওঁ মই এই বিষয়ে কি কৰিব পাৰোঁ ।

ছন্দাৰ মাকৰ পৰা বিদায় লৈ জোচেফ দুৱাৰ ঠেলি বৈঠকখানাৰপৰা বাহিৰলৈ ওলাই আহিল।

ছন্দাহঁতৰ ঘৰৰ পৰা জোচেফ আৰু অৰ্ণৱ পোনে পোনে অৰ্ণৱৰ ভাড়াঘৰলৈ আহিল। সিহঁতে গেটৰ মুখত বিপাশাক লগ পালে ৷

অর্ণৱে সুধিলে- আপুনি? কেতিয়া আহিল?

বিপাশাই কলে- আপোনালোক অহাৰ আগে আগে আহি পাইছো৷ আপোনাক ৰোমত নাপাই যাবলৈ ওলাই আহিছো।

অর্ণৱে সুধিলে- কিবা খবৰ আছে নেকি?

হয়। বিপাশাই কলে- আমাৰ কাৰণে এটা বেয়া খবৰ আছে। আজি সন্ধিয়া মাণিক মুদৈৰ মানুহে ছন্দাক ৰাস্তাৰ পৰা উঠাই নিছে।

অর্ণৱে বিচলিত কণ্ঠত কলে- ছন্দাক উঠাই নিছে! মানে অপহৰণ কৰিছে! কেতিয়া? তাই দেখোন আজি সন্ধিয়া আমাৰ ইয়ালৈ আহিছিল?

বিপাশাই কলে- আপোনালোকৰ ইয়াৰপৰা ঘৰলৈ যোৱাৰ বাটত মাণিক মুদৈৰ মানুহে তাইক ৰাস্তাৰপৰা উঠাই নিছে। অৱশ্যে বিচলিত হোৱাৰ দৰ্কাৰ নাই । বৰ্তমান তাই মাণিক মুদৈৰ ঘৰতে আছে। মাণিক মুদৈয়ে নিজে মোক এই খবৰটো দিবলৈ আপোনাৰ ইয়ালৈ পঠাই দিছে। কিন্তু আপুনি গ'লে নহ'ব। জোচেফ নামৰ সন্ন্যাসীজনকহে যাবলৈ কৈ পঠিয়াইছে। সন্ন্যাসীজনৰ হাতত বোলে কিবা বস্তু আছে, সেইবোৰ লৈ যাবলৈ কৈছে। লগতে সঁকীয়াই দি পঠাইছে যে, পুলিচৰ ওচৰলৈ গ'লে তাইক হেনো মাণিক মুদৈয়ে হত্যা কৰিব।

হত্যা কৰিব! অৰ্ণৱ উত্তেজিত হৈ উঠিল। কলে- হত্যা কৰাটো ইমান সহজ নেকি? মাণিক মুদৈয়ে ভাবিছে কি? দেশত আইন বোলা কোনো বস্তু নাই নেকি?

জোচেফ অটত বহি আছিল। অৰ্ণৱক উত্তেজিত হোৱা দেখি সি অটৰ পৰা নামি আহিল। সি অৰ্ণৱক উদ্দেশ্য কৰি সুধিলে- কি হ'? এইদৰে কৈ সি বিপাশাৰ ফালে আঙুলিয়াই সুধিলে- এওঁ কোন?

বিপাশা। প্রাইভেট বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। অর্ণৱে বিপাশাৰ পৰিচয় দিলে।

গাড়ীৰপৰা তোমালোকৰ কথা-বতৰা শুনি আছিলো। ছন্দাৰ বিষয়ে কিবা কোৱা শুনিলো। জোচেফে কলে- কিন্তু একো বুজিব পৰা নাই ।

কোৱাচোন আচলতে কি হৈছে?

অর্ণৱে বিপাশাৰ ফালে চালে। বিপাশাই অৰ্ণৱৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰিলে যদিও ইতস্ততঃ কৰিবলৈ ধৰিলে। তেতিয়া অর্ণৱে ক'লে- কওঁক, এওঁৰ আগত কোৱাত কোনো অসুবিধা নাই। মাণিক মুদৈয়ে বিচৰা সন্ন্যাসীজন এইজনে।

’, হয় নেকি? বিপাশাই ক্ষমা খোজাৰ ভংগীত ক'লে- ক্ষমা কৰিব। আচলতে মই চিনিব নোৱাৰিহে ক'বলৈ দ্বিধাবোধ কৰিছিলো । কাৰণ ইয়াত ছন্দাৰ জীৱন-মৰণৰ প্ৰশ্ন নিহিত হৈ আছে। ছন্দা বৰ্তমান মাণিক মুদৈৰ ঘৰতে আছে। এইদৰে কৈ ছন্দাক ক'ত কেনেকৈ ৰাখিছে সেয়া বিপাশাই ভাঙিপাতি ক'লে।

জোচেফে অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- আমি এতিয়াই মাণিক মুদৈৰ ঘৰলৈ গৈ তাইক উদ্ধাৰ কৰি আনিব লাগিব।

বিপাশাই কলে- আপোনাৰ হাতত বোলে মাণিক মুদৈৰ কিবা বস্তু আছে সেই বস্তুবোৰ লৈ যাবলৈ কৈ পঠাইছে।

অর্ণৱে সুধিলে- বস্তুবোৰ আপোনাৰ লগত আছে নেকি?

জোচেফে কলে- আছে। এই বিষয়ে তুমি ভাবিব নালাগে। বলা, তোমাৰ কোঠালি লৈ বলা। মই পোচাকযোৰ সলাই ল'ব লাগিব ৷ সিহঁত অৰ্ণৱৰ কোঠালিৰ ভিতৰলৈ সোমাই আহিল।

কোঠালিৰ ভিতৰলৈ সোমাই আহি জোচেফে সন্ন্যাসীৰ সাজ সলাই লংপেন্ট কোট পিন্ধি কোটৰ পকেটত পিস্তলটো ভৰাই মূৰত মাংকি কেপ পিন্ধি ল'লে । তাৰ পাছত অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- তুমি মোৰ লগত যাব নালাগে। তুমি হোটেল ফৰচুনলৈ যোৱাগৈ। তালৈ গৈ জয়শ্ৰীৰ গতি-বিধিৰ ওপৰত চকু ৰাখিবা ৷ পাৰিলে এঘণ্টামান পাছত তুমি ছন্দাহঁতৰ ঘৰত মোক লগ ধৰিবা। অৰ্ণৱক এইদৰে নিৰ্দ্দেশ দি সি বিপাশাক উদ্দেশ্য কৰি ক'লে- তুমি অৰ্ণৱৰ লগত যোৱাগৈ। অর্ণৱে তোমাক মাণিক মুদৈৰ ঘৰৰ সন্মুখত নমাই থৈ যাবহি। তুমি ঘৰলৈ গৈয়ে ছন্দাৰ খবৰ কৰিবা ৷ মাণিক মুদৈয়ে তাইক ঘৰতে ৰাখিছে, নে তুমি ইয়ালৈ অহাৰ পাছত বেলেগ ক'ৰবালৈ পঠিয়াই দিছে, সেয়া খবৰ কৰিবা ৷ মাণিক মুদৈ খুবেই ধুৰন্ধৰ মানুহ! সি তোমাক খবৰটো দিবলৈ পঠাই ছন্দাক বেলেগ ক'ৰবালৈ পঠিয়াইও দিব পাৰে। খবৰটো কৰি তুমি মাণিক মুদৈহঁতৰ ঘৰৰ পিছফালে থকা পকী ঘৰটোৰ কাষত মোক লগ ধৰিবা। বেলেগ ক'ৰবালৈ পঠিয়াই দিলে আমি সেই অনুসৰি কাম কৰিব লাগিব। তোমালোক এতিয়া যোৱা। তোমালোক যোৱাৰ আধাঘণ্টামান পাছত মই ইয়াৰ পৰা ওলাই মাণিক মুদৈৰ ঘৰলৈ যামহি।

অৰ্ণৱ আৰু ছন্দা অটলৈ ওলাই গ'ল। সিদ্ধান্তমৰ্মে সিহঁত ওলাই যোৱাৰ আধাঘণ্টামান পাছত জোচেফ গেটৰ বাহিৰলৈ ওলাই আহি মাণিক মুদৈৰ ঘৰৰ ফালে সন্তর্পণে আগুৱাই গ'*

                                  তেইছ

মাণিক মুদৈৰ ঘৰ পাওঁতে জোচেফৰ সময় লাগিল পাঁচ মিনিট। সি পিছফালৰ দেৱাল মেকুৰীৰ দৰে সন্তৰ্পণে বগাই চৌহদৰ ভিতৰলৈ সোমাই আহিল। বিপাশা আগৰে পৰাই তাৰ কাৰণে নিৰ্দ্ধাৰিত স্থানত অপেক্ষা কৰি আছিল। ছন্দা আগৰ ঠাইতে আছে বুলি বিপাশাই জোচেক খবৰটো দি ছন্দাক আটক কৰি ৰখা কোঠালিটো দেখুৱাই দিলে। জোচেফে কোটৰ পকেটত হাত ভৰাই ধাতৱ বস্তুটোৰ চেঁচা স্পৰ্শ অনুভৱ কৰি স্বস্তিৰ নিশ্বাস এৰি আকাশৰ ফালে চালে। অসীম নীলা আকাশখনত তৰাৰ জিলমিলনি। তৰাবোৰে যেন আকাশৰ গাঢ় নীলাৰ গভীৰ ৰহস্য উদ্‌ঘাটন কৰিবলৈ জোনাকী পৰুৱাৰ দৰে ঢিমিক-ঢামাক টর্চ জ্বলাই পিয়াপি দি ফুৰিছে। ধাতৱ বস্তুটোৰ শীতল স্পর্শ পাই তেওঁৰ সাহসৰ পৰিধি যেন আকাশৰ দৰে বহল হৈ আহিল । সি ছন্দাক আটক কৰি ৰখা কোঠালিটোৰ ফালে নগৈ সন্তৰ্পণে মাণিক মুদৈৰ কোঠালিৰ ফালে আগুৱাই আহি দুৱাৰত খটখটাই দিলে।

আশা কৰামতেই খন্তেক পাছতে মাণিক মুদৈয়ে দুৱাৰ খুলি দিলে । দুৱাৰ মুখত জোচেফক দেখি সি প্ৰথমে থমকি ৰ'ল যদিও জোচেফক চিনিব পাৰি উল্লসিত হৈ উঠিল। সি জোচেফক উষ্ম স্বাগতম জনালে- অ' সন্ন্যাসী! সন্ন্যাসৰ পোচাক এৰি দেখোন আজি একেবাৰে চাহাবী পোচাক পৰিধান কৰিছা? ভাল। তুমি যেনেকৈ পোচাক সলাই মোক ছাৰপ্ৰাইজ দিলা, ময়ো তেনেকৈ তোমাক এটি ছাৰপ্ৰাইজ দিবলৈ হোটেল ফৰচনত ফোন কৰিছিলো। কিন্তু ফোনত তোমাক নাপাই বিপাশাৰ হতুৱাই অৰ্ণৱলৈ খবৰ পঠিয়াইছিলো। বাৰু, আহিলা যেতিয়া ভালেই হ'ল। এইদৰে কৈ গেক্‌গেক্‌কৈ হাঁহি মাৰি ক'লে- বহা, সৌ ছোফাখনত বহা। তুমি হয়তো ইতিমধ্যে গম পাইছাই ছন্দা মোৰ হেফাজতত আছে!

জোচেফে দাঁত-মুখ কৰচি অসীম ধৈৰ্যৰ সৈতে মাণিক মুদৈৰ কথাবোৰ শুনি কলে- ছন্দা ক? তাক মোকলাই দিয়া ।

নিশ্চয় দিম। মাণিক মুদৈয়ে ৰহস্যপূৰ্ণ হাঁহি মাৰি ক'লে- তাৰ আগতে এটি কাহিনী শুনাব খুজিছো। কিন্তু কাহিনীটো তোমাক অকলে নুশুনাওঁ। ছন্দাৰ সন্মুখতে শুনাম। এইদৰে কৈ মাণিক মুদৈয়ে হাত চাপৰি বজাই মাতিলে- জ্ঞান সিং।

খন্তেক পাছতে পালোৱান টাইপৰ মানুহ এজন কোঠালিৰ ভিতৰলৈ সোমাই আহি চালাম জনালে।

মাণিক মুদৈয়ে আদেশৰ সুৰত ক'লে- যোৱা, ছোৱালীজনীক ইয়ালৈ লৈ আহাগৈ ৷

জ্ঞান সিঙে চালাম জনাই কোঠালিৰ পৰা ওলাই গ'ল ।

খন্তেক পাছতে ছন্দাক লৈ জ্ঞান সিং কোঠালিৰ ভিতৰলৈ সোমাই আহিল। জোচেফক নতুন চাহাবী পোচাকত দেখি তাই চিনিব নোৱাৰিলে। তাই মাণিক মুদৈৰ ফালে চাই ক'লে- মোক এইদৰে ৰাস্তাৰ পৰা উঠাই আনিছা কিয়? তোমাৰ উদ্দেশ্য কি?

মাণিক মুদৈয়ে কলে- অলপ পাছতেই সকলো কথা জানিব পাৰিবা । অকনমান ধৈর্য ধৰা।

জোচেফে সন্ধানী দৃষ্টিত ছন্দাৰ ফালে চালে। ছন্দাৰ নাম সি বহুবাৰ শুনিছে যদিও স্বচক্ষে প্ৰথমবাৰৰ কাৰণে দেখিলে।

মাণিক মুদৈয়ে জ্ঞান সিঙক উদ্দেশ্য কৰি ক'লে- যোৱা, বাহিৰলৈ ওলাই গৈ পৰৱৰ্ত্তী আদেশৰ বাবে অপেক্ষা কৰি থাকাগৈ

জ্ঞান সিং ওলাই গ'মাণিক মুদৈ ছন্দাৰ ফালে দুখোজমান আগুৱাই আহি জোচেফক উদ্দেশ্য কৰি ক'লে- চোৱাচোন এওঁক চিনিব পৰা নেকি ?

জোচেফ কৌতূহলবশতঃ ছন্দাৰ ফালে পর্যবেক্ষণৰ দৃষ্টিত চাই চক্ খাই উঠিল। সেই চকু, সেই নাক। চুলিবোৰো শেফালিৰ দৰে কেঁকোৰা। ছন্দা যেন শেফালিৰে আন এক সংস্কৰণ।জোচেফ মুগ্ধ দৃষ্টিত ছন্দাৰ ফালে চাই ৰ'ল।

মাণিক মুদৈয়ে জোচেফৰ মনোভাব উপলব্ধি কৰিব পাৰি ওঁঠত ব্যংগৰ হাঁহি বিৰিঙাই ক'লে- ঠিক চিনিব নোৱাৰিলেও নিশ্চয় অনুমান কৰিব পাৰিছা।

জোচেফ অধৈৰ্য হৈ উঠিল। সি উত্তেজিত কণ্ঠত সুধিলে- কোৱা, এওঁ কোন? কি এওঁৰ পৰিচয় ?

'বলৈকেতো তোমাক মাতিছো। মাণিক মুদৈ ছন্দাৰ একেবাৰে কাষলৈ আহি ক'লে- আচলতে তুমি এওঁক চিনি পাবই লাগিছিল । কাৰণ এওঁ প্ৰায় শেফালিৰ দৰেই। মনত পোলোৱা বাইছ বছৰ আগৰ কথা। এওঁ শেফালিৰে..... মাণিক মুদৈয়ে ইচ্ছাকৃতভাবে বাক্যটো আধৰুৱাকৈ এৰিলে।

ছন্দাৰ পৰিচয় জনাৰ কাৰণে জোচেফ অধৈৰ্য হৈ উঠিল। সি ব্যগ্রভাবে সুধিলে- কোৱা, কোন এই ছন্দা? এইকেইদিন মাথোন ছন্দাৰ নামটোহে শুনি আছো। দেখিলো এই প্রথম। কোৱা, এওঁ শেফালিৰ........

মাণিক মুদৈয়ে জোচেফৰ মুখৰ পৰা কথা কাঢ়ি নি ক'লে- সন্তান। আচৰিত হৈছা নেকি? শেফালিয়ে যিদিনা শৰীৰত জুই লগাই আত্মহত্যা কৰিছিল- সিদনা নিশা পুলিচ আহিছিল। পুলিচে তোমাৰ অৰ্দ্ধদগ্ধা স্ত্রী শেফালিক হাস্পতাললৈ লৈ গৈছিল আৰু কোনো উপযুক্ত অভিভাৱক নথকাৰ কাৰণে নয়নাক থানালৈ লৈ গৈছিল। কিন্তু দুর্ভাগ্যবশতঃ শেফালিয়ে সেই নিশাই শেষনিশ্বাস ত্যাগ কৰে। ফলত পাছদিনা পুলিচে নয়নাক অনাথালয়ত ভৰ্তি কৰি দিয়ে । অনাথালয়ৰ পৰা নয়নাৰ বৰ্তমান পিতৃ-মাতৃয়ে তাইক তোলনীয়া লয় আৰু নাম সলাই ছন্দা ৰাখে। ছন্দা আচলতে বর্তমান পিতৃ-মাতৃৰ সন্তান নহয়- ছন্দা তোমাৰে সন্তান ৷

জোচেফৰ পিতৃ হৃদয় উথলি উঠিল। সি বাষ্পাৰুদ্ধ কণ্ঠত কলে- মাজনী, তই মোক চিনিব পৰা নাই নেকি?

জোচেফ দুই হাত প্ৰসাৰিত কৰি ছন্দাৰ ফালে আগুৱাই আহিল । মাণিক মুদৈয়ে দুই হাত প্ৰসাৰিত কৰি জোচেক বাধা প্ৰদান কৰি ক'লে- এখোজো আগবাঢ়ি নাঢ়িবা। বাপেক-জীয়েকৰ পৰিচয় কৰাই দিলো। চকুলো পাছত টুকিবা। আগতে মোৰ সোণবোৰ দিয়া ।

কোনবোৰ সোণ? জোচেফে কলে- মোৰ হাতত কোনো সোণ নাই। সেইবোৰ প্ৰদীপ দত্তই লৈ গৈছে।

সেয়া মই জানো। মাণিক মুদৈয়ে কলে- মই তোমাৰ লগত তৰ্ক কৰিব বিচৰা নাই। সোণ দিয়া- ছন্দাক লোৱা। এতিয়া তুমি তেজৰ মূল্য দিবা, নে সোণৰ মূল্য দিবা?

তেজৰ মূল্য? সোণৰ মূল্য? কোনটোৰ মূল্য অধিক? তেজতকৈ সোণৰ মূল্য কেতিয়াও বেছি হ'ব নোৱাৰে। জোচেফে কলে- কিন্তু সোণবোৰ দিলেই যে তুমি ছন্দাক এৰি দিবা তাৰ কি নিশ্চয়তা আছে? গতিকে আগতে ছন্দাক এৰি দিয়া, পাছত সোণবোৰ দিয়া হ'ব ।

মাণিক মুদৈয়ে দৃঢ়কণ্ঠত কলে- আগতে মোৰ বস্তুবোৰ দিয়া পাছত ছন্দাক এৰি দিয়া হ'ব।

জোচেফে মনে মনে কিবা ভাবিলে ৷ তাৰ পাছত মোনাত হাত ভৰাই সোণৰ মোনাটো খেপিয়াই চাই ক'লে- বাৰু, তোমাৰ কথামতেই কৰা হ'ব। এইদৰে কৈ সি সোণৰ মোনাটো থৈলাৰপৰা উলিয়াই মজিয়ালৈ বুলি দলিয়াই দিলে। মোনাৰ মুখ খোলা আছিল। সেয়ে সোণৰ টুকুৰাবোৰ মজিয়াত সিঁচৰতি হৈ পৰিল। মাণিক মুদৈয়ে হাওলি সোণৰ টুকুৰাবোৰ বুটলিবলৈ গ'ল।

জোচেফৰ চকুযোৰ দপকৈ জ্বলি উঠিল। সি পকেটৰপৰা পিস্তল উলিয়াই মাণিক মুদৈৰ মূৰ লক্ষ্য কৰি গুলীয়াই দিলে । অস্ফুট আর্তনাদ কৰি মাণিক মুদৈ মজিয়াত ঢলি পৰিল। লগে লগে মজিয়াত তেজৰ সোঁত ববলৈ ধৰিলে। মানিক মুদৈ সেইদৰে মজিয়াত ঢলি পৰাৰ কাৰণ প্রথমে ছন্দাই ধৰিবই পৰা নাছিল । কাৰণ ছাইলেন্সাৰ লগোৱা পিস্তলেৰে গুলী কৰাৰ সময়ত ছন্দা মাণিক মুদৈৰ ফালে চাই আছিল । গতিকে নিমিষতে ঘটি যোৱা ঘটনাৰ গমগতি ধৰিব নোৱাৰি তাই মাণিক মুদৈৰ ফালে ভেবা লাগি চাই ৰ'ল। মৃদু জোকাৰণি মাৰি মাণিক মুদৈ চিৰদিনৰ কাৰণে স্তব্ধ হৈ গ'ল।

মাণিক মুদৈৰ মৃত্যুত জোচেফ উল্লসিত হৈ উঠিল। সি ওপৰৰ ফালে চাই ক'লে- শেফালি চোৱা, বাইছ বছৰ পাছত মাণিক মুদৈক হত্যা কৰি তোমাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাৰ প্ৰতিশোধ ল'লো ৷

ৰৌদ্রস্নাত দিনৰ দৰে জোচেফৰ মুখমণ্ডল উজ্জ্বল হৈ উঠিল। সি ছন্দাৰ ফালে চাই দুই হাত প্ৰসাৰিত কৰি স্নেহ বিগলিত কণ্ঠত কলে- আহ মাজনী, মোৰ বুকুৰ মাজলৈ আহ। তোক ম‍ই বাইছ বছৰ ধৰি বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ। আজিহে তোক মই নাটকীয়ভাবে লগ পালো। মাণিক মুদৈক হত্যা কৰাৰ বাবে তই দুখ নকৰিবি, আই। এই পাষণ্ডই বাইছ বছৰ আগত তোৰ মাকক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল। আজি মই তাৰ প্ৰতিশোধ ল'লো ।

ছন্দাই ইমান সময় বিমূঢ়ৰ দৰে জোচেফৰ আচৰণ লক্ষ্য কৰি আছিল। তেজৰ আকৰ্ষণ বৰ ডাঙৰ আকৰ্ষণ। ছন্দাই জোচেফক দেখি প্ৰথমৰ পৰাই এক বিশেষ আকর্ষণ অনুভৱ কৰি আছিল আৰু মাণিক মুদৈৰ কথাবোৰো সাঁথৰৰ দৰে অনুমান হৈ আছিল । ইফালে জোচেফে মাণিক মুদৈক হত্যা কৰা দেখি তাই ভয়ত সন্ত্ৰস্ত হৈ উঠিছিল। জোচেফৰ প্ৰতি তাইৰ ঘৃণাৰ ভাবো সঞ্চাৰিত হৈছিল। কিন্তু জোচেফৰ মুখৰপৰা হত্যাৰ প্ৰকৃত ৰহস্য জানিব পাৰি তাই কিছুপৰিমাণে জোচেফৰ প্ৰতি দুৰ্বল হৈ পৰিল। ফলত তাইৰ মনৰ পৰা ভয়ৰ ভাব ধোঁৱাৰ দৰে উৰি গল। তাই দেউতা' বুলি চিঞৰি জোচেফৰ বুকুৰ মাজত সোমাই পৰিল। জোচেফৰ চকুৰ পৰা এটোপাল চকুলো নিগৰি আহি ছন্দাৰ মূৰত পৰিল

এক সুগভীৰ প্রশান্তিত জোচেফৰ মন ভৰি পৰিল। অপত্য স্নেহৰ ফল্গুধাৰাই তাৰ হৃদয় প্লাৱিত কৰি তুলিলে । তাৰ চকুৰ পতা মুদ খাই গল । ছন্দাক বুকুত সাৱটি ধৰি কেইটামান নীৰৱ মুহূৰ্ত সি আচ্ছন্নৰ দৰে পাৰ কৰিলে। হঠাৎ সি সম্বিত ঘূৰাই পাই ক'লে-বলা, মাজনী । আমি ইয়াত বেছি পৰ ৰৈ থকাটো উচিত নহ'ব। যিকোনো মুহূৰ্তত পুলিচ আহিব পাৰে। ইফালে জ্ঞান সিংহঁতো আছে। মাণিক মুদৈক হত্যা কৰাৰ কথা গম পালে সিহঁতেও সমস্যা কৰিব পাৰে

দুয়ো কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহিল। দুৱাৰ মুখতে সিহঁতে বিপাশাক লগ পালে। জোচেফে বিপাশাক উদ্দেশ্য কৰি ক'লে- আমি যাওঁ। মজিয়াত সোণৰ টুকুৰাবোৰ সিঁচৰতি হৈ পৰি আছে। তুমি সেইবোৰ লৈ যাবা। বৃদ্ধ বয়সত তোমাৰ কামত আহিব। তুমি এতিয়াই সেইবোৰ লৈ তোমাৰ ভাড়াঘৰলৈ যোৱাগৈ। ইয়াত ৰৈ থাকিলে পুলিচেও সমস্যা কৰিব পাৰে৷

বিপাশাৰ সঁহাৰি লৈ অপেক্ষা নকৰি সিহঁত আহি ৰাস্তাত উঠিল ৷ তাৰ পাছত ছন্দাহঁতৰ ঘৰলৈ বুলি ৰাওণা হ'ল৷*

                             চব্বিছ

অৰ্ণৱ, এলিনা আৰু এলিনাৰ মাক উৎকণ্ঠিতভাবে ছন্দাৰ কাৰণে অপেক্ষা কৰি আছিল। তেতিয়া নিশা প্ৰায় এঘাৰ বাজিছিল। জোচেফৰ লগত ছন্দাক দেখি সিহঁত উৎফুল্লিত হৈ উঠিল। ছন্দাৰ মাক বহাৰ পৰা উঠি আহি ছন্দাক সাৱটি ধৰি কান্দি কান্দি কলে- তোৰ চিন্তাত আমি অস্থিৰ হৈ উঠিছিলোঁ । এটা সময়ত পুলিচৰ ওচৰলৈ যোৱাৰ কথাও ভাবিছিলোঁ। এনেতে অর্ণৱ বোপা আহি খবৰটো দিয়াতহে আমি থানালৈ নোযোৱাকৈ আছোঁ। সন্ন্যাসীজনৰ কথা শুনি মোৰ দৃঢ় বিশ্বাস উপজিছিল যে, সি তোক উদ্ধাৰ কৰি আনিব পাৰিব। আচলতে হৈছিল কি, আই?

ছন্দাই ঘটনটো আনুপূর্বিক বিৱৰি কৈ জোচেফৰ ফালে আঙুলিয়াই ক'লে- এওঁৰ কাৰণেই আজি নির্ঘাত যমৰ মুখৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছোঁ।

ছন্দাৰ মাকে জোচেফক উদ্দেশ্য কৰি ক'লে- আপোনাৰ কাৰণেই আজি ছন্দাক উভতাই পালো কি বুলি যে আপোনাক ধন্যবাদ জনাম!

জোচেফে কলে- ধন্যবাদ জনোৱাৰ প্ৰয়োজন নাই। মানৱতাৰ খাতিৰত মই এইখিনি কৰিছো ৷

ছন্দাৰ মনত একুৰিয়ামৰ মাছৰ দৰে এষাৰ কথা তল-ওপৰ কৰি আছিল। তাই সেমেনা-সেমেনি কৰি মাকক উদ্দেশ্য কৰি ক'লে- তুমি এষাৰ সঁচা কথা ক'বানে, মা?

কি সঁচা কথা? মাকে কলে- তই আজি এনেকৈ কিয় কৈছ, আই?

প্রয়োজন হৈছে কাৰণে কৈছো। ছন্দাই পোনপটীয়াভাবে সুধিলে- কোৱাচোন আই, মোক তোমালোকে ক'ৰপৰা বুটলি আনিছিলা ?

 ছন্দাৰ মাকৰ বুকু মোচড় দি উঠিল। হাজাৰটা বেজীৰ খোঁচে তাইৰ হৃদয় থকা-সৰকা কৰিবলৈ ধৰিলে। কোনোমতে তাই নিজক চম্ভালি কলে- তই এইবোৰ কি কৈছ, আই? তোক আকৌ ক'ৰপৰা বুটলি আনিবলৈ যাম! তই আমাৰ নিজৰে সন্তান। নিজৰ সন্তানক জানো কোনোবাই বুটলি আনে ?

নহয় আই, সঁচা কথা কোৱা ! ছন্দাই দৃঢ় প্রত্যয়ৰ সুৰত ক'লে- মোক তোমালোকে অনাথ আশ্ৰমৰপৰা বুটলি অনা নাছিলা জানো ?

 ছন্দাৰ কথা শুনি এলিনা আৰু অৰ্ণৱ হতবাক হৈ পৰিল। সিহঁতৰ মনত কৌতূহল। ছন্দাৰ মাক নির্বাক। ছন্দাই একেটা প্রশ্নকে বাৰে বাৰে দোহাৰিবলৈ ধৰিলে- কোৱা মা, সঁচা কথা কোৱা ।

ছন্দাৰ মাকে শেষত থোকা-খুকি মাতেৰে ক'লে- এৰা তই কোৱা কথা সঁচা। কিন্তু তোক কোনোদিনে আমি পৰ বুলি ভবা নাই। নিজৰ পেটৰ সন্তানৰ দৰেই তোক তুলি-তালি ডাঙৰ-দীঘল কৰিছোঁ। কোনোদিনে এই প্রশ্ন উঠা নাই। আজি হঠাৎ কিয় এই প্রশ্ন উঠিল, আই?

ছন্দাই বাষ্পাচ্ছন্ন কণ্ঠত কলে- নহয় আই, তুমি মোক ভুল নুবুজিবা । মই কোনো বেয়া মনোভাব লৈ তোমাক এই প্ৰশ্ন কৰা নাই। যি সঁচা তাকে জানিব খুজিছোঁ। সত্য কোনোদিন লুকাই নাথাকে, মা। আজি নহ'লেও কোনোবা দিনা নিশ্চয় প্রকাশ পাব।

শুন তেনেহ'লে। ছন্দাৰ মাকে ক'লে- আজিৰ পৰা বাইছ বছৰ আগত তোক বিধিগতভাবে আমি অনাথ আশ্ৰমৰ পৰা তোলনীয়া লৈছিলো। আমি নিঃসন্তান আছিলো। তোক তোলনীয়া লোৱাৰ চাৰি বছৰ পাছত এলিনাৰ জন্ম। আজি তই এইবোৰ কথা সোধাৰ কাৰণ কি,

আই?

ছন্দাই জোচেফৰ ফালে আঙুলিয়াই ক'লে- এওঁ মোৰ জন্মদাতা পিতৃ, মা। ভগবানে যি কৰে মংগলৰ কাৰণেই কৰে। মাণিক মুদৈয়ে মোক ধৰি নিনিলে ইমান ডাঙৰ সত্যটো হয়তো কোনোদিনে প্রকাশ নহ'লহেঁতেন৷

আপুনি- আপুনি ছন্দাৰ প্ৰকৃত দেউতাক? আৰ্তনাদৰ দৰে শুনা গ'ল ছন্দাৰ মাকৰ কণ্ঠস্বৰ- আপুনি ইমান দিনৰ মূৰত ছন্দাক আমাৰ বুকুৰ পৰা কাঢ়ি নিব খুজিছে নেকি?

ছন্দাৰ মাকৰ চকু চল্‌চলীয়া হৈ উঠিল। ছন্দাৰ মাকৰ চকুত চকুপানী দেখি জোচেফ বিচলিত হৈ উঠিল। তাৰ নিজকে অপৰাধীৰ দৰে লাগিবলৈ ধৰিলে। সি সংকোচিত হৈ উঠিল। সি কাতৰ সুৰত ক'লে- নাই নাই, ভয় নকৰিব। ম‍ই ছন্দাৰ জন্মদাতা হলেওতাইক বুকুৰ মৰমেৰে লালন-পালন কৰিছে আপোনালোকে। জন্মৰ দাবীতকৈ কৰ্মৰ দাবী সদায় ডাঙৰ। আপোনালোকেই ছন্দাৰ প্ৰকৃত পিতৃ-মাতৃ ৷ তদুপৰি মই এজন সন্ন্যাসী। ছন্দাক নি মই কি কৰিম? ছন্দা আপোনালোকৰ, সদায় আপোনালোকৰে থাকিব। নিশা বহু হল৷ আমি এতিয়া যাওঁগৈ। এই বিষয়ে আমি পাছত কেতিয়াবা কথা পাতিম বাৰু। এইদৰে কৈ সি অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- জয়শ্ৰীৰ খবৰ কোৱা ?

হঠাৎ টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে অৰ্ণৱ চক্ খাই উঠিল। সি ক'লে- জয়শ্ৰী প্ৰদীপ দত্তৰ লগত হোটেলৰ পৰা ওলাই আহিছে। হোটেলত সিহঁতে বহু সময় নিবিড়ভাবে কথাও পাতিছে। আঁতৰত থকা কাৰণে অৱশ্যে ম‍ই সিহঁতৰ মাজত হোৱা কথোপকথন শুনিব পৰা নাই। এতিয়া সিহঁত প্রদীপ দত্তৰ ভাড়াঘৰত থাকিব লাগে মোৰ ধাৰণা । সিহঁতৰ কথা-বতৰাৰ পৰা মোৰ তেনেকুৱাই অনুমান হৈছে।

জোচেফ সজাগ হৈ উঠিল। সি ক'লে- বলা, আমি এতিয়াই তালৈ যাব লাগিব। এইদৰে কৈ সি হঠাৎ মনত পৰাৰ দৰে ক'লে- ছন্দাৰ দেউতাকক দেখোন দেখা নাই!

ছন্দাৰ মাকে কলে- তেওঁ শুই আছে।

ছন্দা অপৰহণ হোৱাৰ কথা তেওঁ নাজানে নেকি? জোচেফে সুধিলে।

নাই, নাজানে। ছন্দাৰ মাকে ক'লে- আমি ইচ্ছা কৰিয়ে তেওঁক কথাটো জনোৱা নাই। জানিলে মিছাতে হুস্থুলখন লগালেহেঁতেন। এনেয়ে দুদিন ধৰি মানসিকভাবে বিপর্যস্ত হৈ আছে।

ঠিক আছে। শুই থাকিবলৈ দিয়ক। জোচেফে এইদৰে কৈ ক'লে- বেয়া নাপাব। মই এতিয়াই এঠাইত যাব লাগিব। পাছত কেতিয়াবা আহি মোৰ প্ৰকৃত পৰিচয় আপোনালোকক জনাম, বাৰু। জোচেফে ছন্দাৰ মাকক এইদৰে কৈ অৰ্ণৱক উদ্দেশ্য কৰি ক'লে- বলা।

অৰ্ণৱ আৰু জোচেফ বহাৰপৰা উঠি থিয় হ'ল। বিষাদ গম্ভীৰ পৰিৱেশৰ মাজতো অৰ্ণৱৰ মুখমণ্ডলত অনাবিল দীপ্তি উদ্ভাসিত হৈ উঠিল ৷ সি গভীৰ সমাহিত দৃষ্টিত ছন্দাৰ ফালে চালে। জোনৰ ৰূপোৱালী আভাৰ দৰে দীপ্তিত ছন্দাৰ চকুযোৰ জিলিকি উঠিল।

জোচেফৰ চকুতো সেই দৃষ্টি বিনিময় ধৰা পৰিল। সি দৃষ্টি বিনিময়ৰ অৰ্থ উপলব্ধিও কৰিব পাৰিলে । কাৰণ এই দৃষ্টি তেতিয়াই সম্ভৱ যেতিয়া এহাল ডেকা-গাভৰুৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। গাত সুৰসুৰাই দিলে যি এক সুখৰ অনুভূতিত চকু মুদ খাই যায় ঠিক সেইদৰে তাৰ চকু মুদ খাই গ'ল। পাছমুহূৰ্ততে সি সজাগ হৈ উঠিল। ব্যস্তভাবে কলে- বলা, পলম হ'লে আমাৰ সকলো প্ৰচেষ্টা বিফল হৈ যাব।

অৰ্ণৱ আৰু জোচেফ বৈঠকখানাৰ পৰা ওলাই আলি ৷ এলিনা, ছন্দা আৰু মাক কোঠালিৰ বাহিৰলৈ ওলাই আহি সিহঁতক বিদায় সম্ভাষণ জনালে।

খন্তেক পাছতে অট' ষ্টাৰ্ট দিয়াৰ শব্দ শুনা গ'ল৷*

                                    পঁচিছ

প্ৰদীপ দত্তহঁতৰ চৌহদৰ ভিতৰলৈ সোমাই যোৱা বাটৰপৰা পোন্ধৰ গজমান আঁতৰত থাকোঁতে জোচেফৰ নিৰ্দেশত অর্ণৱে অটৰখাই দিলে।

জোচেফ অটৰপৰা নামি ক'লে- মই ঘূৰি নহালৈকে তুমি ইয়াতে মোৰ অপেক্ষাত ৰৈ থাকিবা। মই ভবামতে সিহঁত থাকিলে বৰ বেছি পলম নহ'ব। তুমি সজাগ হৈ থাকিবা। প্ৰয়োজনত যাতে সোনকালে ইয়াৰপৰা আঁতৰি যাব পাৰা

জোচেফে কেউফালে সন্ধানী দৃষ্টি বুলাই সন্তর্পণে সন্মুখৰ ফালে আগবাঢ়িল। প্রদীপ দত্তৰ চৌহদৰ ভিতৰলৈ সোমাই যোৱা গেটৰ সন্মুখত সি কেইটামান মুহূৰ্তৰ কাৰণে থমকি ৰ'ল। পকেটত হাত ভৰাই সি ধাতৱ বস্তুটোৰ স্পৰ্শ অনুভৱ কৰি মনত সাহস গোটাই ল'লে। গেটটো খুলিবলৈ গৈ সি পুনৰ থমকি ৰ'ল। সি পুনৰ কেউফালে সন্ধানী দৃষ্টি বুলালে। সন্দেহজনক কাকো নেদেখি সি গেট খুলি চৌহদৰ ভিতৰলৈ সোমাই আহিল। তাৰ পাছত মেকুৰীৰ দৰে নিঃশব্দ খোজত আহি সি বাৰাণ্ডালৈ উঠি আহিল। বাৰাণ্ডাত লাইট নাই। বাৰাণ্ডাত পোহৰ নথকাৰ কাৰণ সি উপলব্ধি কৰিব পাৰিলে । কাৰণ সিদিনা সি নিজেই বাৰাণ্ডাৰ বাল্বটো খুলি দলিয়াই পেলাই দিছিল । হয়তো নতুন বাল্ব লগোৱা হোৱা নাই। কোঠালিৰ ভিতৰত পোহৰ। সি দুৱাৰৰ ফালে আগুৱাই আহি দুৱাৰ ঠেলিলে। দুৱাৰখন ভিতৰৰপৰা বন্ধ

ভিতৰত কোন কোন আছে তাৰে উমান ল'বলৈ সি দুৱাৰত কাণ স্থাপন কৰি কেইটামান মুহূর্ত থিয় দি থকাৰ পাছত ভিতৰত মানুহ থকাটো অনুমান কৰিব পাৰিলে। কিন্তু কোনো সাৰ-শব্দ নাই। নীৰৱ নিস্তব্ধ। খন্তেক পাছতে গড়জে খোলাৰ শব্দ শুনা গ'ল। গড্ৰজেৰ ভিতৰৰপৰা কিবা বস্তু উলিয়াই আনি দলিয়াই দিয়াৰ শব্দ শুনা গ'ল। সম্ভৱতঃ বিছনাৰ ওপৰত দলিয়াই দিলে।

প্ৰদীপৰ কণ্ঠস্বৰ শুনা গ'ল- বস্তুবোৰ সোনকালে বেগত ভৰাই লোৱা। ৰে'ল যাব নিশা বাৰ বজাত ৷ প্ৰায় এঘাৰ বাজিলেই। ট্ৰেইন ফেল কৰিলে আমাৰ সকলো প্রচেষ্টা অথলে যাব। ছন্দাৰ দেউতাকে পুলিচৰ লগত যোগাযোগো কৰিব পাৰে। পুলিচ অহাৰ আগতেই আমি ইয়াৰপৰা গুচি যাব লাগিব

জয়শ্ৰীয়ে গা এৰা মনোভাৱেৰে ক'লে- ৰবাচোন, ইমান খৰধৰ কৰাৰ প্ৰয়োজন নাই। ধীৰে-সুস্থিৰে গ'লেই হ'ব। ষ্টেচনলৈ মাথোন দহ বাৰ মিনিটৰহে বাট। তুমি যি আশংকা কৰিছা সেয়া একেবাৰেই অমূলক। ছন্দাৰ দেউতাকে কেতিয়াও পুলিচৰ ওচৰলৈ নাযায়। গলে আগতেই গ'লহেঁতেন ৷ মাথোন দুই লাখ টকাহে। দুই লাখ টকা সিহঁতৰ কাৰণে একোৱে নহয়৷

প্রদীপ দত্তই তিৰস্কাৰৰ সুৰত ক'লে- আচলতে তিৰোতা মানুহৰ স্বভাৱে এনেকুৱা। কোনো কথাতে গুৰুত্ব নাই। ভালটো ক'লেও ওলোটাকৈ বুজেদুর্বুদ্ধিৰ পৰা দুৰ্ঘটনা হয়, বুজিলা!

জয়শ্রী জিকাৰ খাই উঠিল- থোৱা থোৱা, মোক উপদেশ দিব নালাগে। পুৰুষৰ মুখত সদায় বৰ বৰ কথা আৰু তিৰোতাৰ আগত বৰ মতা। কিন্তু তিৰোতা নহ'লে পুৰুষৰ টেকেলি কাতি । এই কথা জানো অস্বীকাৰ কৰিব পাৰিবা?

প্ৰদীপ দত্তই অৱজ্ঞাৰ সুৰত ক'লে- বাৰু, তোমাৰ কথাই মানিলো ৷ ৰ'দৰ তাপতকৈ ৰৌদ্ৰ উত্তপ্ত বালিৰ তাপ সদায় বেছি।

বাক্যটো জয়শ্ৰীৰ কলিজাত শৰৰ দৰে বিদ্ধ হ, কিন্তু তাই ৰণ ভংগ দিবলৈ ক'লে- এতিয়া যাত্ৰাৰ সময়ত তৰ্ক কৰি অমংগল চপাই নলবা? টকা কেইটা ক'ত ৰাখিলা?

হেণ্ডবেগত ভৰাইছো। প্রদীপ দত্তই ক'লে- অসুবিধা হ'ব নেকি?

ৰাস্তা-ঘাটৰ কথা, দুই ঠাইত ভগাই ৰাখা। মোৰ ওচৰতো দহ হাজাৰমান দিয়া। ভেনিটি বেগত ৰাখিম । প্ৰয়োজনত ৰাস্তাত খৰচ কৰিব পাৰিম। এলিনাক লৈ তোলা ফটোবোৰ ক'ত ৰাখিলা?

ডাঙৰ বেগটোত ভৰাইছো। যিটো য'ত যেনেকৈ ৰাখিব লাগে তেনেকৈয়ে ৰাখিছো। তুমি চিন্তা কৰিব নালাগে। এইদৰে কৈ প্ৰদীপ দত্তই জয়শ্ৰীৰ খং তুলিবলৈ কৃত্ৰিম আক্ষেপৰ সুৰত ক'লে- এলিনাৰ কাৰণে মনটো বৰ বেয়া লাগি আছে।

প্রদীপ দত্তই ভবামতেই জয়শ্ৰী জিকাৰ খাই উঠিল- এতিয়া এলিনাৰ চিন্তা বাদ দিয়া। এলিনাই দিয়াখিনি ময়ো তোমাক দিব পাৰিম। ম‍ই বুঢ়ী হৈ গৈছো বুলি ভাবিছা নেকি? এইদৰে কৈয়ে তাই অপেক্ষাকৃত কোমল সুৰত ক'লে- দিল্লীত কিমান দিন থাকিবা?

ধৰা, ছমাহ। ছমাহমানতে ছন্দাৰ দেউতাক স্বাভাৱিক হৈ উঠিব। সি স্বাভাৱিক হৈ উঠিলেই পুনৰ ইয়ালৈ আহি মই কিবা এটা বিজিনে ছ আৰম্ভ কৰিম আৰু তুমি আগৰ দৰে ৰিচেপশ্বনিষ্টৰ কামত যোগদান কৰিবা । অৱশ্যে মই ফটোবোৰ দেখুৱাই মাজে-সময়ে এলিনাক ... প্রদীপ দত্তই কথাফাকি ইচ্ছাকৃতভাবে সম্পূর্ণ নকৰি জয়শ্ৰীৰ ফালে চাই অৰ্থপূৰ্ণ হাঁহি মাৰিলে ৷

নেহাঁহিবা। জয়শ্ৰীয়ে উপদেশৰ সুৰত ক'লে- হাঁহিলে কান্দিব লাগে। জানা, নে নাজানা ?

এইবাৰ আহিলে জোচেফক চাই ল'ম। প্রদীপে আক্রোশভৰা কণ্ঠত ক'লে- সিয়ে আমাৰ সকলো প্রোগ্রাম মাটি কৰি দিলে ৷

জোচেফে ইমান সময় ধৈর্যসহকাৰে সিহঁতৰ কথোপকথন শুনি আছিল ৷ কিন্তু তাৰ নাম উচ্চাৰণ কৰাৰ লগে লগে তাৰ ধৈৰ্যৰ বান্ধ শিথিল হৈ পৰিল। সি প্ৰচণ্ড জোৰে লাথি মাৰি দুৱাৰখন খুলি চিতাৰ দৰে দ্ৰুত গতিত কোঠালিৰ ভিতৰলৈ সোমাই আহিল।

জোচেফক দেখি প্রদীপ দত্ত আৰু জয়শ্ৰী উভয়ে সন্ত্ৰস্ত হৈ উঠিল। জোচেফৰ ভীমদৰ্শন মূৰ্তি দেখি জয়শ্ৰীৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ'ল। কাল বিলম্ব নকৰি জোচেফে প্রদীপ দত্তৰ বুকু লক্ষ্য কৰি গুলী কৰিলে। অস্ফুট শব্দ কৰি প্ৰদীপ দত্ত মজিয়াত ঢলি পৰিল।

প্ৰদীপৰ অৱস্থা দেখি জয়শ্ৰীৰ শৰীৰৰ তেজ ভয়ত গোট মাৰাৰ উপক্ৰম হ'তাই ভয় বিহ্বল দৃষ্টিত জোচেফৰ ফালে চালে। জোচেফে দ্বিধাহীনভাবে জয়শ্ৰীৰ মূৰ লক্ষ্য কৰি গুলী কৰিলে । তীব্র আর্তনাদ কৰি জয়শ্ৰী প্ৰদীপ দত্তৰ ওপৰতে ঢলি পৰিল আৰু মজিয়াটো তেজেৰে তুমৰলি হৈ পৰিল।

বিজয়ৰ উল্লাসত জোচেফৰ মন আলোড়িত হৈ উঠিল। সি ঘৃণা মিহলি দৃষ্টিত মৃত্যু পথযাত্রী প্রদীপ দত্তৰ ফালে চালে। মূৰত গুলী লগাৰ কাৰণে জয়শ্ৰীয়ে থিতাতে প্ৰাণত্যাগ কৰিছিল। জীৱনৰ পশুত্বৰ আগত হাৰমনা দুটি জীৱন অকালতে হেৰাই গ'কিন্তু জোচেফৰ মনত সিহঁতৰ কাৰণে অকনো দুখৰ উদ্ৰেক নহ'ল ৷ কাৰণ সিহঁতে সিহঁতৰ কৃতকৰ্মৰ ফলভোগ কৰিছে, ইয়াত দুখ কৰিব লগা কি আছে ! তাৰ সাধ্যৰ ভিতৰত থাকিলে সি সমাজৰ প্ৰতিজন অসামাজিক মানুহক এইদৰে গুলীৰে উৰুৱাই দিলেহেঁতেন।

সি বিছনাৰ ওপৰত থকা বেগবোৰ কান্ধত ওলোমাই ধীৰ-স্থিৰ পদক্ষেপত কোঠালিৰ পৰা ওলাই আহিল ৷

জোচেফ কোঠালিৰ পৰা ওলাই অহাৰ পাছত প্ৰদীপ দত্ত সজাগ হৈ উঠিল ৷ কাৰণ তেতিয়াও সি মৰা নাছিল, মৰাৰ দৰে পৰিহে আছিল । সি দুৰ্বল হাতেৰে পকেটৰ পৰা পিস্তল উলিয়াই বুকুৰে চুঁচৰি চুঁচৰি দুৱাৰৰ ফালে আগুৱাই আহিল। দুৱাৰমুখলৈ আহি সি জাচেক ধীৰ পদক্ষেপত গেটৰ ফালে আগুৱাই যোৱা দেখিলে। লগে লগে নিচানা ঠিক কৰি সি জোচেফলৈ বুলি গুলীয়াই দিলে। গুলীটো জেচেফৰ পিঠিত লাগি বুকু ভেদ কৰি ওলাই গ'ল। আৰ্তনাদ কৰি জোচেফ গুৰিৰ্কটা গছৰ দৰে মাটিত বাগৰি পৰিল। পাছমুহূৰ্ততে সি নিজক চম্ভালি গেটৰ ফালে আগবাঢ়িল। গেট খুলি সি ৰাস্তাৰ মাজলৈ আহি অৰ্ণৱৰ ফালে যাবলৈ ধৰিলে। কিন্তু অৰ্ণৱৰ কাষ নৌপাওঁতেই সি ৰাস্তাৰ মাজতে ঢলি পৰিল ৷

অর্ণৱে অধীৰ অপেক্ষাত জেচেফৰ কাৰণে বাট চাই আছিল। জোচেফক পৰি যোৱা দেখি সি অশুভ বাৰ্তাৰ ইংগিত পাই সজাগ হৈ অটৰ পৰা নামি দৌৰি জোচেফৰ কাষলৈ আহিল। জোচেফে পুনৰ থিয় হ'বলৈ চেষ্টা চলালে যদিও বিফল হ'ল। পুনৰ ৰাস্তাত বাগৰি পৰিল৷

অর্ণৱে আঁঠুকাঢ়ি বহি জোচেফক সাৱটি ধৰিলে। জোচেফে সেহাই সেহাই ক'লে- মোৰ কৰিব লগা কামখিনি ম‍ই কৰিছোঁপ্ৰদীপ আৰু জয়শ্ৰীক সিহঁতৰ কৃতকৰ্মৰ শাস্তি দিছো। সিহঁত হয়তো ইতিমধ্যে শেষনিশ্বাস ত্যাগ কৰিছে। এতিয়া তুমি বেগবোৰ লৈ ছন্দাহঁতৰ তালৈ যোৱাগৈ। এই বেগবোৰৰ ভিতৰত দুই লাখ টকা আছে । সিদিনা প্রদীপ দত্ত আৰু জয়শ্ৰী ছন্দাহঁতৰ ঘৰলৈ গৈ ছন্দাৰ দেউতাকক প্ৰদীপ দত্তই এলিনাক লৈ তোলা নগ্ন ফটোবোৰ দেখুৱাই টকা দাবী কৰিছিল। যাৰ কাৰণে ছন্দাৰ দেউতাকে অস্বাভাৱিক আচৰণ কৰিছিল। ছন্দা আৰু এলিনাৰ ফটোৰ লগতে কেছেটবোৰ আছে আনটো বেগত। টকাকেইটা ছন্দাহঁতক দিবা আৰু ফটো আৰু কেছেটবোৰ তুমি নিজে ৰাখিবা । টকাকেইটা আজি ছন্দাৰ দেউতাকে প্ৰদীপ দত্তহঁতক দিছিল। এইদৰে কৈ জোচেফে অৰ্ণৱৰ হাতত ধৰি ক'লে- তুমি ছন্দাক বিয়া কৰাবা। তাই তোমাক ভাল পায়৷ মই আশীৰ্বাদ কৰিছো, তোমালোক সুখী হবা। ছন্দাৰ মাক-দেউতাকক মোৰ অন্তিম ইচ্ছাৰ কথা জনাবা । আশা কৰো, মোৰ অন্তিম ইচ্ছাৰ কথা জানিলে সিহঁতে আপত্তি নকৰিব।

জোচেফৰ গাত গুলী লগাৰ কথা অর্ণৱে গম পোৱা নাছিল। অৱশ্যে জোচেফৰ আচৰণৰ পৰা ঘোৰতৰ কিবা এটা হৈছে বুলি সি অনুমান কৰিব পাৰিছিল। জোচেফৰ ক্ষতস্থানৰ পৰা বৈ থকা তেজৰ চেকা অৰ্ণৱৰ কাপোৰত লগাত উষ্ম তেজৰ স্পৰ্শত সি সজাগ হৈ উঠিল। সি সুধিলে- ইমান তেজ! আপোনাৰ গাত তেজ আহিল ক'ৰ পৰা?

প্রদীপ দত্তই গুলী কৰিছে। জোচেফে কলে- গুলী মোৰ পিঠিত লাগি ভেদ কৰি ওলাই গৈছে। মই নাবাচো। মোৰ পাপৰ প্ৰায়শ্চিত্ত মই বুকুৰ তেজেৰে কৰি গ'লো। ভালেই হ'ল। সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি জেল লৈ যাব লগা হ'লে সন্ন্যাস ধৰ্মৰ দুৰ্নাম হ'লহেঁতেন। পাৰিলে তোমালোকে মোৰ সৎকাৰ কৰিবা। ছন্দা মোৰ হেৰুৱা সন্তান নয়না । মোৰ অন্তিম ইচ্ছা তুমি তাইক বিয়া কৰাবা। এতিয়া তুমি বেগবোৰ লৈ ইয়াৰ পৰা গুচি যোৱা। যিকোনো মুহূৰ্তত ইয়ালৈ পুলিচ আহিব পাৰে।

জোকাৰণি মাৰি জোচেফৰ দেহ চিৰদিনৰ কাৰণে স্তব্ধ হৈ গ'ল ।

ঘটনাৰ আকস্মিকতাত কিংকর্তব্যবিমূঢ় হৈ মাটিৰ প্ৰতিমাৰ দৰে অর্ণৱে নীৰৱ কেইটামান মুহূৰ্ত পাৰ কৰিলে। খন্তেক পাছতে ঘটনাৰ জটিলতালৈ লক্ষ্য কৰি সি সচেতন হৈ উঠিল। সি বেগবোৰ কান্ধত ওলোামই অট'ৰ ফালে আগবাঢ়িল।*

                         ছাব্বিছ

পাছদিনা সন্ধিয়া জোচেফ, মাণিক মুদৈ, প্রদীপ দত্ত আৰু জয়শ্ৰীৰ মৃতদেহ পোষ্টমৰ্টেমৰ পাছত একেলগে শ্মশানলৈ অনা হ'ল। চাৰিটা চিতা উচৰা-ওচৰিকৈ সজাই মৃতদেহবোৰ চিতাত তুলি একেলগে ধৰ্মীয় ৰীতি অনুসৰি অগ্নি সংযোগ কৰা হ'ল।

লেলিহান শিখা মেলি জুই জ্বলিল। ধোঁৱাবোৰ কুণ্ডলী পকাই উৰি গৈ অসীমত বিলীন হৈ যাবলৈ ধৰিলে। দাহ সৎকাৰ কৰিবলৈ অহা শ্মশানযাত্রীসকলে সেই কৰুণ দৃশ্য ভাৰাক্ৰান্ত হৃদয়েৰে প্ৰত্যক্ষ কৰিবলৈ ধৰিলে।

ছন্দা আৰু অৰ্ণৱ কিছু নিলগত বহি সেই দৃশ্য প্রত্যক্ষ কৰি আছিল। হঠাৎ ছন্দাৰ চকু চল্‌চলীয়া হৈ উঠিল। তাইৰ চকুৰ পৰা দুটোপাল লোতক বাগৰি আহি মাটিত পৰিল ।

ছন্দাৰ চকুত চকুলো দেখি অৰ্ণৱৰ মন ভাৰাক্ৰান্ত হৈ উঠিল। ছন্দাক সান্ত্বনা দিয়াৰ কাৰণে অর্ণৱে ধোঁৱাবোৰৰ ফালে ছন্দাৰ দৃষ্টি আকর্ষণ কৰি ক'লে- সৌ ধোঁৱাবোৰলৈ চাওঁক । কেনেকৈ কুণ্ডলী পকাই আকাশৰ ফালে উৰি গৈ আছে। ধোঁৱাবোৰ এটা সময়ত অসীমত বিলীন হৈ যাব। আমাৰ জীৱনবোৰো চিতাৰ জুইৰ দৰে জ্বলি উঠে আৰু সময় হলে ধোঁৱাৰ দৰে অসীমত বিলীন হৈ যায়। অহা আৰু যোৱাই জীৱনৰ ধর্ম। কোনো কোনো ধৰ্মশাস্ত্রমতে জীৱ পূৰ্বজন্মৰ কৰ্মফলৰদ্বাৰা পৰিচালিত হয় বুলি কোৱা হয়। যাক আহি ভাগ্য বুলি কওঁ। কিন্তু সেই কৰ্মফল জীৱৰ ভৱিষ্যত ভাগ্যৰ নিয়ন্ত্ৰক নহয়, জীৱৰ ভৱিষ্যত ভাগ্য নিয়ন্ত্ৰণ হয় জীৱৰ কৰ্ম আৰু প্ৰচেষ্টাৰ দ্বাৰাহে। মানুহৰ আত্মবিশ্বাস, আত্মশক্তিহে এজন মানুহৰ প্রকৃত ভাগ্য নিয়ন্ত্রক। অর্থাৎ কৰ্ম অনুসৰি ফলভোগেই প্রকৃত সত্য। কালি নিশা যি ঘটনা ঘটি গ', সেয়া কৰ্মৰে ফল। গতিকে ইয়াৰ কাৰণে আক্ষেপ কৰি লাভ নাই। তোমাৰ নিজৰ কথাকে ভাবি চোৱা, তুমিওতো এদিন এই মায়াময় সংসাৰ এৰি গুচি যাব লাগিব। সৃষ্টি হ'লে তাৰ ধ্বংস অনিবার্য।

ছন্দাই হুমুনিয়াহ কাঢ়ি কলে- বিজ্ঞানে কয়, কোনো বস্তুৰে বিনাশ নাই। মানুহ এজনৰ মৃত্যুৰ পাছত জানো বিনাশ হ'বলৈ কিবা বাকী থাকে ?

আত্মাৰ ধ্বংস নাই- আত্মা অবিনশ্বৰ। আমাৰ দেহবোৰহে ধ্বংস হয় ।

কিন্তু আমাৰ অহংকাৰ আত্মাক লৈ নহয়, দেহবোৰকলৈহে। অনন্তকালৰ তুলনাত আমাৰ এই মাটিৰ দেহৰ স্থায়িত্ব অতি নগণ্য। ঠিক সাগৰৰ এক বিন্দু পানীৰ দৰেই নগণ্য । তথাপি আমি এই খন্তেকীয়া সময়ৰ কাৰণে পৃথিবীলৈ আহি নিজৰ প্ৰতিষ্ঠা, সুখ-স্বচ্ছন্দ্যৰ বাবে ইমান মৰা-মাৰি, কটা-কটিত লিপ্ত হওঁ কিয়?

অর্ণৱে খন্তেক ভাবি ক'লে- কাম, ক্রোধ, লোভ, মোহ, মদ, মাৎসর্য এই ষড় ৰিপুৰ দাসত্ব যিসকলে কৰে সিহঁতেহে ভাল-বেয়া, পাপ- পুণ্যৰ বিচাৰ নকৰি ধ্বংসাত্মক আৰু হিংসাত্মক কর্মত লিপ্ত হয়। যিজনে শূন্যক আশ্ৰয় কৰিব পাৰে, সি ষড়ৰিপুৰ কৱলৰপৰা নিজক মুক্ত কৰি ৰাখিব পাৰে। নিৰাশ্ৰয়ং মাং জগদীশ ৰক্ষ।' ষড়ৰিপুৰ কৱলৰপৰা মুক্ত হ'বলৈ হ'লে প্রগাঢ় আত্মবিশ্বাস আৰু আত্মসংযমৰ প্ৰয়োজন। নেপোলিয়ন বোনাপার্টে কৈছিল- যাৰ নিজৰ ওপৰত বিশ্বাস নাই, সি সংসাৰত কোনো কামতে কৃতকার্য হ'ব নোৱাৰে। অৱশ্যে এইটো ঠিক যে, পৰিস্থিতিৰ মেৰপাকত পৰি নদীয়ে সুঁতি সলোৱাৰ দৰে মানুহৰ জীৱনেও সুঁতি সলাবলৈ বাধ্য হয় ৷

সিহঁতৰ এই আলোচনাৰ মাজতে ছন্দাৰ মাক-দেউতাক আহি তাত উপস্থিত হ'ল। ইতিমধ্যে চিতা জ্বলি জ্বলি প্রায় শেষ হৈ আহিছিল। ছন্দাৰ দেউতাকে অৰ্ণৱ আৰু ছন্দাক উদ্দেশ্য কৰি ক'লে- বলা, আমি এতিয়া যাওঁগৈ।

সিহঁত আটাইকেইজন যাবলৈ উদ্যত হ'ল। ছন্দাই কেউফালে দৃষ্টি বুলাই এলিনাক নেদেখি বিশেষ ঠাই এডোখৰলৈ আঙুলিয়াই কলে- এলিনা দেখোন তাতে বহি আছিল! তাই দেখোন তাত নাই?

তাই হয়তো ৰাস্তালৈকে গৈছে। অর্ণৱে ক'লে- তাইক হয়তো আমি ৰাস্তাতে লগ পাম৷

আটাইকেইজন ৰাস্তালৈ আহিল। কিন্তু তাতো এলিনা নাই। শেষত তাই ঘৰলৈ যাব পাৰে বুলি ভাবি আটায়ে ঘৰলৈ আহিল। কিন্তু এলিনা ঘৰতো নাই ।

আটায়ে উৎকণ্ঠিত হৈ উঠিলচলিল বিচাৰ-খোচাৰ ।

বন্ধু-বান্ধব, আত্মীয়-স্বজনৰ ঘৰত খবৰ লোৱা হ'ল। কিন্তু কতো এলিনাৰ সন্ধান পোৱা নগ'ল।

এদিন দুদিনকৈ যেতিয়া কেবাদিনো এলিনাৰ সন্ধান পোৱা নগ', তেতিয়া তাই ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰিব পাৰে বুলি ভাবিবলৈ বাধ্য হ'ল। আৰক্ষীক কথাটো জনোৱা হ'ল। ব্ৰহ্মপুত্ৰত সন্ধান কৰা হ'; কিন্তু কতো তাইৰ মৃতদেহৰ সন্ধান পোৱা নগ'ল ৷ অৰ্ণৱ সমন্বিতে পৰিয়ালৰ আটায়ে মৃতদেহৰ খবৰৰ বাবে কেবাদিনো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিল। বাতৰি কাকত, ৰেডিওত তাইৰ নিৰুদ্দেশৰ বাতৰি প্ৰকাশ আৰু প্ৰচাৰ কৰা হ', কিন্তু কোনো শুংসূত্ৰ পোৱা নগ'ল ।

মানুহ আশাবাদী। তাই এদিন ঘৰলৈ আহিব বুলি দুটা বছৰ তাইৰ কাৰণে অপেক্ষা কৰিলে। কিন্তু তাইৰ কোনো সন্ধান পোৱা নগ'ল । অৱশেষত মৃত্যু হোৱা বুলি ধৰি ধৰ্মীয় ৰীতি অনুসৰি তাইৰ শেষকৃত্য সমাপন কৰা হ'ল।

দুবছৰ পাছত অৰ্ণৱ আইনৰ স্নাতক হ'ল। আইনৰ স্নাতক হোৱাৰ পাছত জোচেফৰ অন্তিম ইচ্ছা অনুসৰি অৰ্ণৱ আৰু ছন্দাৰ শুভ বিবাহ সম্পন্ন কৰা হ'ল । এবছৰ পাছত সিহঁতৰ দাম্পত্য জীৱনৰ সাক্ষী হিচাপে দেখাত প্ৰায় জোচেফৰ দৰে এটি ল'ৰা সন্তানৰ জন্ম হ'ল। দিন, মাহ, বছৰ বাগৰি শিশু সন্তানটোৰ এবছৰ পূৰ্ণ হ'ল।

শিশু সন্তানটোৰ প্ৰথম জন্ম দিৱসৰ দিনা এলিনাৰ সম্ভেদ পোৱা গ'ল ।

শিশু সন্তানটোৰ জন্ম দিৱসৰ দিনা অর্ণৱে কেইটামান পত্রিকা কিনি আনিলে। তাৰ মাজত দুটামান হিন্দী পত্রিকাও আছিল। তাতেই এলিনাৰ নৃত্যৰতা ফটো দেখা গ'ল। তাৰ মানে এলিনা জীয়াই আছে!

হয়, এলিনা জীয়াই আছে, কিন্তু পূৰ্বৰ পৰিচয়ত নহয়, সম্পূর্ণ ভিন্ন পৰিচয়ত।

এলিনা বর্তমান নৃত্য পটীয়সী। পঞ্চতাৰকা হোটেলত নৃত্য কৰে ৷

জীৱন বোঁৱতী নৈ। নৈয়ে যেনেকৈ পৰিস্থিতিৰ চাকনৈয়াত পৰি সুঁতি সলায়, মানুহৰ জীৱনেও ঠিক তেনেকৈ পৰিস্থিতিৰ চাকনৈয়াত পৰি সুঁতি সলায়। যি এলিনা উচ্চ শিক্ষাৰে শিক্ষিতা হৈ মাক-দেউতাকৰ ইচ্ছা অনুসৰি বিয়া-বাৰু কৰাই দাম্পত্য জীৱনৰ পাতনি মেলিব পাৰিলেহেঁতেন, সেই এলিনাৰ জীৱনৰ গতি মাথোন এটা ভুলেই সম্পূর্ণ সলনি কৰি দিলে। আত্মীয়-স্বজনৰ পৰা আঁতৰত থাকি মানুহৰ মনোৰঞ্জনৰ কাৰণে তাই নৃত্যকে বৃত্তি হিচাপে বাচি ল'ব লগা হৈছে। আপোনালোকে কেতিয়াবা তাইক মুম্বাই, দিল্লী অথবা কলিকতাৰ কোনোবা পঞ্চতাৰকা হোটেলত নৃত্যৰতা অৱস্থাত হঠাৎ দেখা পাই যাবও পাৰে ! *

                      - অন্ত -

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)