কালজয়ী লেখকৰ জীৱনী
কালজয়ী লেখকৰ জীৱনী
সুচীপত্ৰ
মির্জা গালিবৰ জীৱন আৰু কৰ্ম
হাস্যৰসিক মাৰ্ক টোৱেনৰ জীৱন আৰু কৰ্ম
মহম্মদ ইকবালৰ জীৱন আৰু কৰ্ম
মোপাছাৰ জীৱন আৰু কৰ্ম
জন বনিয়ানৰ জীৱন আৰু কৰ্ম
ৰবাৰ্ট লুইচ ষ্টিফেনচনৰ জীৱন আৰু কৰ্ম
খলিল জিব্ৰানৰ জীৱন আৰু কৰ্ম
জাঁ পল ছাত্ৰে
কাজী নজৰুল ইছলাম
মির্জা গালিবৰ জীৱন আৰু কৰ্ম
মির্জা আছাদুল্যা খান গালিব ভাৰতীয়
সাহিত্য জগতৰ মহান লেখকসকলৰ অন্যতম। ক'বলৈ গ'লে গালিব
ভাৰতীয় সাহিত্য জগতৰ নৱচেতনাৰ অগ্ৰদূত। গালিবৰ কবিতাই মাথোন সংবেদনশীলতাৰ
অভিব্যক্তিয়ে প্ৰকাশ নকৰে, বৰঞ্চ প্ৰশান্ত ভাবৰাশিৰ জৰিয়তে
মানৱীয় মূল্যবোধৰ উৎকৰ্ষ সাধনৰদ্বাৰা এনেকুৱা এজন মানৱ সৃষ্টি কৰে, যিয়ে
সমাজ, সত্ত্বা আৰু ঈশ্বৰ সম্পৰ্কে নিজৰ দৃঢ়নিশ্চয়তা, স্বতন্ত্র
চেতনাৰ উন্মেষ ঘটায়।
মির্জা গালিবৰ জন্ম হৈছিল ১৭৯৭
খ্ৰীষ্টাব্দৰ ২৭ ডিচেম্বৰত আগ্ৰাৰ কালা মহল এলেকাত এক সভ্রান্ত পৰিয়ালত । তেওঁৰ
ককাক শেষ মোগল সম্রাট শ্বাহ আলমৰ ৰাজত্বকালত ‘পহচ’নামৰ
এখন জায়গীৰৰ জায়গীৰদাৰ আছিল । মির্জা গালিবৰ পিতৃ আবদুল্যা বেগ এজন বীৰ যোদ্ধা
আছিল। তেওঁ লক্ষ্ণৌ আৰু হায়দাবাদত সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত আলৱাৰৰ
নৃপতি বক্তাৱৰ সিংহৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ হৈ যুদ্ধ কৰি এখন যুদ্ধত নিহত হৈছিল।
আবদুল্যা বেগৰ মির্জা আছাদুল্যা বেগ খান আৰু মির্জা ইউছুফ বেগ খান নামৰ দুজন পুতেক
আৰু ছোটী খানম নামৰ এজনী জীয়েক আছিল । মির্জা আছাদুল্যাই শেহলৈ গৈ মির্জা গালিব
নামেৰে বিখ্যাত হৈ উঠিছিল । গালিব শব্দৰ অৰ্থ হৈছে বিজয়ী। গালিব অতি কম বয়সতে
উমৰাও বেগমৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।
গালিবৰ পূৰ্বপুৰুষসকল যোদ্ধা আছিল যদিও
গালিবে কিন্তু এজন লেখক হিচাপেহে প্ৰতিষ্ঠা লাভ কৰিছিল। ল'ৰালিৰে পৰাই
গালিবৰ শ্বায়েৰী লেখাৰ অভ্যাস আছিল। মাথোন এঘাৰ বছৰ বয়সৰপৰা গালিবে শ্বায়েৰী
লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ উৰ্দু, পাৰ্চী আৰু তুর্কী ভাষাত বুৎপত্তি আছিল
। প্ৰথমাৱস্থাত তেওঁ ‘বেদিল'ৰ শৈলীৰে শ্বায়েৰী লিখিবলৈ আৰম্ভ
কৰিছিল। ১৫ বছৰ বয়সত তেওঁ কদৰ বিলগ্ৰামীলৈ লেখা এখন চিঠিত উল্লেখ কৰিছিল- ‘মই
মাথোন গদ্য আৰু কবিতা লেখি কাগজহে ক'লা কৰি আছো।' বেলেগ এঠাইত
তেওঁ লিখিছিল- ‘১৫ বছৰ বয়সৰ পৰা ২৫ বছৰ বয়সলৈ যি মনলৈ আহিছিল
তাকেই লিখিছিলো। ১০ বছৰত মোৰ এক বুজন পৰিমাণৰ লিখা জমা হৈ গৈছিল।’কিন্তু
পাছত তেওঁ সেইবোৰ নষ্ট কৰি পেলাইছিল। সেইবোৰৰ পৰা মাথোন ১০ ৰ পৰা ১৫ টামান
শ্বায়েৰীহে তেওঁ পাছৰ সংকলনবোৰত প্ৰকাশ কৰিছিল।
গালিব আগ্ৰাৰ পৰা দিল্লীলৈ অহাৰ সময়ত
একমাত্ৰ পেন্সনৰ টকাৰ বাহিৰে তেওঁৰ আয়ৰ কোনো স্থায়ী উৎস নাছিল। দেখাত এই আয়
যথেষ্ট আছিল যদিও তেওঁৰ লালন-পালন যি মানসিক অৱস্থাৰ মাজত হৈছিল সেইফালে লক্ষ্য
কৰিলে এই আয় যথেষ্ট নাছিল। তদুপৰি তেওঁৰ ভাৰ্যা উমৰাও বেগম এজন সভ্রান্ত নবাবৰ
জীয়েক আছিল, গতিকে তেওঁ মাথোন পেন্সনৰ টকাৰে ৰাজকীয়ভাবে
জীৱননিৰ্বাহ কৰাটো সম্ভৱ নাছিল। ইফালে দুর্ভাগ্যবশতঃ তেওঁৰ অনুজ মির্জা ইউছুফ খান
বলিয়া হোৱাত তেওঁৰো সম্পূর্ণ দায়িত্ব গালিবেই বহন কৰিব লগা হৈছিল । তদুপৰি
পেন্সনৰ টকাও তেওঁ নিয়মিতভাবে পোৱা নাছিল। গতিকে তেওঁ কলকাতালৈ গৈ পেন্সনৰ টকাৰ
কাৰণে মোকদমা কৰিব লগা হৈছিল আৰু তাৰ বাবে কলকাতাত দুই বছৰ কাল অতিবাহিত কৰিব লগা
হৈছিল।
গালিবৰ পাণ্ডিত্য আৰু ফাৰ্চী ভাষাৰ
প্ৰতি বুৎপত্তি দেখি ব্ৰিটিছ চৰকাৰৰ তেতিয়াৰ সচিব জেমচ্ টমচনে তেওঁক দিল্লী কলেজত
ফাৰ্চী ভাষাৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ মাতি পঠিয়ায়। গালিবে উক্ত
আহ্বানত সঁহাৰি জনাই টমচনৰ বঙলালৈ আহে আৰু তেওঁৰ উপস্থিতিৰ কথা টমচনক জনায়। টমচনে
তেওঁক তৎক্ষণাৎ ভিতৰলৈ মাতি পঠিয়ায়। কিন্তু স্বয়ং টমচনে মাতি নিব বুলি ভাবি
তেওঁ পাল্কীত বহি থাকে। টমচনে এই সূচনা পাই বাহিৰলৈ ওলাই আহি ক’লে-
‘এই সময়ত আপুনি চৰকাৰী চাকৰিৰ কাৰণে আহিছে, গতিকে আপুনি
ইয়াত দৰবাৰত পোৱা মৰ্যদাৰ অধিকাৰী নহয়৷' এই কথা শুনি গালিবে উত্তৰত ক’লে-
‘মইতো ভ্ৰমত আছিলো যে, চৰকাৰী চাকৰিয়ে সন্মান আৰু চাহিদা
বৃদ্ধি কৰিব; কিন্তু ইয়ালৈ আহি ওলোটাটোহে দেখিলো।' গালিবৰ
এই কথা শুনি চাহাবে ক’লে- ‘মই দুঃখিত। ' তেতিয়া গালিবে
ক’লে- ‘তেনেহ’লে মই এই সেৱাৰ বাবে ক্ষমা খুজিছোঁ।'
এইদৰে কৈ গালিব এশ টকা মাহিলি আয়ৰ ডাঙৰ উৎস এটা অস্বীকাৰ কৰি ঘৰলৈ
গুচি আহিল ।
মির্জা গালিব এনেকুৱা এটি সময়ত জীৱন
নিৰ্বাহ কৰিছিল, যাক ৰাজনৈতিক উত্থান-পতন আৰু সন্ধিক্ষণৰ যুগ
বুলি জনা যায়। সমগ্র দেশত তেতিয়া ব্ৰিটিছৰ শাসন-শোষণ প্রতিদিন বাঢ়নি পানীৰ দৰে
বৃদ্ধি হৈ গৈ আছিল আৰু বিশাল মোগল সাম্রাজ্য একমাত্র দিল্লীৰ মাজত সীমিত হৈ
পৰিছিল।
শেষ মোগল সম্রাট বাহাদুৰ শ্বাহ জাফৰ
এজন ভাল শ্বায়েৰ আৰু সাহিত্য-কলানুৰাগী আছিল। বাহাদুৰ শ্বাহে গালিবক নাজিম-উদ-
দৌলা, দাবীৰুল মুল্ক আৰু মির্জা ন’শ্বা উপাধিৰে বিভূষিত কৰি মোগল বংশৰ
ইতিহাস লিখিবলৈ দায়িত্ব অর্পণ কৰি মাহিলি বেতন নিৰ্দ্ধাৰণ কৰি দিছিল। এই ইতিহাসৰ
প্ৰথম ভাগ ‘মেহৰে-নীম-ৰোজ' নামেৰে ১৮৫৭ চনত
প্ৰথম প্ৰকাশ কৰা হয়। একে বছৰতে প্ৰসিদ্ধ শ্বায়েৰ শ্বেখ ইব্রাহীম জৌকৰ মৃত্যু হয়। ইব্রাহীম
জৌকক বাহদুৰ শ্বাহৰ কাব্যগুৰু আৰু ‘ওস্তাদে শ্বাহ’ বুলি সম্বোধন
কৰা হৈছিল। জৌকৰ মৃত্যুৰ পাছত এই সন্মানিত কার্যও মির্জা গালিবক প্ৰদান কৰা হৈছিল।
গালিবে মোগল বংশৰ ইতিহাসৰ তৃতীয় খণ্ডৰ নামকৰণ ‘মাহে-নীম-শ্বাহ'
কৰাৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল যদিও ৰাজনৈতিক উত্থান-পতনৰ কাৰণে সেই
কাম সম্পূৰ্ণ কৰিব পৰা নাছিল। ইতিমধ্যে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হৈ যায় আৰু
বিখ্যাত দিল্লী নগৰী মৰিশালিত পৰিণত হয়।
১৮৫৭ চনৰ উত্থান-পতনে গালিবৰ মনত এটাৰ
পাছত এটাকৈ আঘাত হানিবলৈ ধৰিলে। বাহাদুৰ শ্বাহৰ দৰবাৰৰ পৰা পোৱা মাহিলি আয় বন্ধ
হোৱাৰ লগতে ৰাজদৰবাৰৰ লগত সম্বন্ধ থকা কাৰণে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা পেন্সনো বন্ধ
হৈ যায়। চিপাহী বিদ্ৰোহত ব্ৰিটিছৰ বিজয় সাৰ্যস্ত হোৱাৰ পাছতে গালিবে পত্নীৰ
বহুমূলীয়া অলংকাৰৰ লগতে ঘৰুৱা আন আন সামগ্ৰী গাঁত খান্দি পুতি থৈছিল। যুদ্ধ জয়ৰ
আনন্দত উন্মত্ত সৈনিকবোৰে সেইবোৰ খান্দি উলিয়াই লুটপাত কৰি নিয়ে। ফলত গালিব
আর্থিক অনাটনৰ সন্মুখীন হ'ব লগা হয় ।
সেই সময়ত গালিবৰ অনুজ মির্জা ইউছুফৰ
মৃত্যু হয়; কিন্তু নগৰত চলি থকা হিংসাত্মক কার্যকলাপৰ ফলত
তেওঁ ভায়েকৰ জানাজাতে অংশ গ্ৰহণ কৰিব নোৱাৰিলে । এই হত্যা-লুণ্ঠনৰ মাজত তেওঁৰ
একমাত্ৰ ভনীয়েক ছোটী বেগমৰ পুতেক এজন ব্ৰিটিছ সৈনিকৰ গুলীত নিহত হয় আৰু
নাতিয়েকক ফাঁচিত ওলোমাই হত্যা কৰা হয়। তেতিয়া গালিবৰ যি মানসিক অৱস্থা হৈছিল
সেই উপলব্ধিবোৰ তেওঁ তেতিয়াৰ বিভিন্ন পত্র-পত্ৰিকাত লিখনিৰ জৰিয়তে প্ৰকাশ
কৰিছিল।
১৮৫৭ চনৰ সংগ্ৰাম সম্পর্কে গালিবে লিখা
লেখনিসমূহ ঐতিহাসিক দৃষ্টিকোণৰপৰা খুবেই মহত্ত্বপূর্ণ। ‘দস্তাবো’
গ্ৰন্থত গালিবে ১৮৫৭ চনৰ সংগ্ৰামৰ ঘটনাসমূহ প্রাচীন ফাৰ্চী গদ্যশৈলীত
ডায়েৰী লিখাৰ দৰে লিপিৱদ্ধ কৰিছিল। উক্ত গ্ৰন্থত তেওঁ ১৮৫৭ চনৰ ১১ মে'ৰ
পৰা ১৮৫৮ চনৰ ৩১ জুলাইলৈকে যুদ্ধৰ সকলো লোমহর্ষক ঘটনা লিপিৱদ্ধ কৰি থৈ গৈছে। ‘দস্তাবোৰ
প্ৰথম সংস্কৰণ ১৮৫৮ চনত আগ্ৰাত প্ৰকাশ কৰা হৈছিল।
স্মর্তব্য যে, গালিবে যেতিয়া
দস্তাবো গ্রন্থখন লিখিছিল তেতিয়া ব্ৰিটিছ গৱৰ্ণৰ লৰ্ড কেনিঙে এক নির্দেশযোগে
প্ৰেছ অধিনিয়মৰদ্বাৰা ভাৰতীয় প্ৰেছৰ স্বতন্ত্রতা সম্পূৰ্ণৰূপে হৰণ কৰিছিল আৰু
ব্ৰিটিছ তথা ব্ৰিটিছ চৰকাৰৰ সত্য ঘটনাৰ সামান্যতম আলোচনাও দণ্ডনীয় অপৰাধ বুলি
গণ্য কৰা হৈছিল। এই কঠিন সময়তে গালিবে সমকালীন ঘটনাৰাজিৰ ওপৰত আলোকপাত কৰিছিল
দস্তাবো গ্ৰন্থখনৰ জৰিয়তে। নিজৰ বাস্তৱ অভিজ্ঞতা আৰু সংবেদনৰ ওপৰত লেকাম লগাই
সমগ্র স্থিতিক তথা ব্ৰিটিছক ভণ্ড শুভ চিন্তকৰ ৰূপত অংকিত কৰি লিখাটো তেতিয়া সহজ
কাম নাছিল। গালিবে নিজৰ মূৰৰ ওপৰত উত্তোলিত তৰোৱালৰ ছাঁৰ তলত বহিয়ে সত্য ঘটনাবোৰ
লিখি গৈছিল।
গালিবৰ সাহিত্য কৰ্মৰ ভিতৰত
উল্লেখযোগ্য গ্রন্থসমূহ হ'ল- পঞ্জ অহংগ, মেহৰে-নীম-ৰোজ,
কুল্লিয়াতে-নছৰে-গালিব, কাতে-বুৰহান, দূৰফিশ-কাবিয়ানী
আৰু উদে-হিন্দ। এই গ্ৰন্থসমূহ তেওঁৰ জীৱন কালতেই প্ৰকাশিত হৈছিল। এই গ্ৰন্থবোৰ
অধিকাংশৰে কে'বাটাও সংস্কৰণ প্ৰকাশিত হৈছিল। তেওঁৰ যুগলৈকে
বেলেগ কোনো ভাৰতীয় লেখকে এনেকুৱা সন্মান পোৱা নাছিল। ১৮৬৯ চনত গালিবে চান্দনী চ’ক
গলি কাচিম জানত অৱস্থিত তেওঁৰ নিজৰ মহলত শেষনিশ্বাস ত্যাগ কৰে।
প্রকাশ- দৈনিক অগ্রদূত- ২৪ ডিচেম্বৰ-২০০১
হাস্যৰসিক মার্ক টোৱেনৰ জীৱন আৰু কৰ্ম
বিশ্ব সাহিত্যৰ ইতিহাসত আমেৰিকাৰ
হাস্যৰসিক লেখক মার্ক টোৱেনৰ নাম উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি আছে। মার্ক টোৱেইন
ছদ্ম নাম। তেওঁৰ প্ৰকৃত নাম হ'ল ছেমুৱেল লেঙহৰ্ণ ক্লেমেন। আমেৰিকা
যুক্তৰাষ্ট্ৰৰ মিচৌৰীৰ ফ্লৰিডাৰ এখন গাঁৱত ১৮৩৫ চনৰ নৱেম্বৰ মাহৰ ৩০ তাৰিখত মার্ক
টোৱেনৰ জন্ম। তেওঁৰ দেউতাকৰ নাম জন মার্শাল ক্লেমেন আৰু মাকৰ নাম জেনে লেম্পটন
ক্লেমেন। তেওঁৰ দেউতাক জন মার্শাল বৃত্তিত এগৰাকী মেজিষ্ট্রেট আছিল।
কিন্তু আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱাৰ কাৰণে তেওঁ সৰু-সুৰা ব্যৱসায়ো কৰিছিল।
তেতিয়া আমেৰিকা এতিয়াৰ দৰে জনবহুল আৰু উন্নত নাছিল। মানুহবিলাকে তালৈ গৈ বসবাস
কৰিবলৈ আৰম্ভ কৰিছিলহে মাথোন। তালৈ গৈ নতুনকৈ বসতি স্থাপন কৰা মানুহবিলাকে
সুৰু-সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিছিল। মিচৌৰী নদীৰ পাৰত হেনিবল নামেৰে এখন
সৰু চহৰ আছিল। চহৰখনৰ জনসংখ্যা আছিল মাথোন পাঁচশ জন। মার্ক টোৱেনৰ জন্মৰ চাৰি বছৰ
পাছত অর্থাৎ ১৮৩৯ চনত মার্ক টোৱেনৰ দেউতাকে পৰিয়াল লৈ ফ্লৰিডাৰ পৰা হেনিবললৈ উঠি
আহে।
শৈশৱৰ পৰা মার্ক টোৱেন ৰুগীয়া আৰু
দুৰ্বল স্বাস্থ্যৰ আছিল। যথাসময়তে দেউতাকে মার্ক টোৱেনক হেনিবলৰ এখন বিদ্যালয়ত
নাম ভৰ্তি কৰি দিয়ে। কিন্তু মার্ক টোৱেনে বিদ্যালয়ৰ চাৰি বেৰৰ মাজত আৱদ্ধ হৈ
থাকিবলৈ মুঠেই ভাল নাপাইছিল। মাজে সময়ে তেওঁ বিদ্যালয়ৰ পৰা পলাই গৈ মিচৌৰী নদীৰ
পাৰত অনাই-বনাই ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰাৰ সময়ত তেওঁ পমুৱাসকলে পৰম্পৰৰ লগত
মৰা-মৰিত লিপ্ত হোৱা আৰু মাতাল অৱস্থাত ইজনে সিজনক গালি-শপনি পৰা আদি চাই আমোদ
উপভোগ কৰিছিল। ইয়াৰ মাজতে শিকলিৰে বান্ধি নিয়া নিগ্ৰো দাস-দাসীৰ দুৰৱস্থা
প্ৰত্যক্ষ কৰি তেওঁ কোমল হিয়াত বাৰুকৈয়ে ব্যথা অনুভৱ কৰিছিল। ঠিক এনেকুৱা সময়তে
মার্ক টোৱেনৰ মাথোন বাৰ বছৰ বয়সত দেউতাকৰ মৃত্যু হয়। ঘৰৰ অৱস্থা টনকিয়াল
নোহোৱাৰ কাৰণে তেওঁ আধাতে লেখা-পঢ়া সামৰি জাৱিকাৰ সন্ধানত নামি পৰিব লগা হয়।
তেওঁ এগৰাকী ‘কম্পোজিট'ৰ তত্ত্বাৱধানত
দুবছৰমান আখৰ ‘কম্পোজ’ৰ কাম শিকে। মার্ক টোৱেনৰ ককায়েকৰ এটি
ছপাশাল আছিল। ‘কম্পোজিট’ৰ কাম শিকা শেষ
কৰি তেওঁ ককায়েক অ’ৰিয়ন ক্লেমেনৰ ছপাশালতে আখৰ ‘কম্পোজ’ৰ
কাম কৰিবলৈ লয়। ‘কম্পোজ’ৰ কাম কৰাৰ সমান্তৰালভাবে তেওঁ দুই এটা
সৰু-সুৰা প্ৰৱন্ধ লিখিবলৈ লয়। অপৈণত ধৰণৰ লেখা হ’লেও সেইবোৰে
পাঠকৰ পৰা সমাদৰ বুটিলিবলৈ সক্ষম হয় আৰু হাস্যৰসিক লেখক হিচাপে তেওঁ পাঠক সমাজত
পৰিচিত হয়।
এদিন আলি বাটেদি গৈ থাকোঁতে মার্ক
টোৱেনে বাটৰ দাঁতিত এখিলা কাগজ পৰি থকা দেখি বুটলি পঢ়িবলৈ লয়। ব্ৰিটিছৰ বিৰুদ্ধে
ফ্ৰান্সৰ জনসাধাৰণক সজাগ কৰি তোলাৰ অভিযোগত ডাইনী আখ্যা দি জীৱন্তে দাহ কৰা ফৰাচী
দেশপ্রেমিক জোৱান অফ আৰ্কে ৰোয়েন দুৰ্গত বন্দী হৈ থকা অৱস্থাত কিদৰে দুর্বিষহ জীৱন
কটাব লগা হৈছিল, তাৰেই মর্মন্তুদ কাহিনী লেখা আছিল কাগজ খিলাত ।
কাহিনীটো পঢ়ি তেওঁ অভিভূত হৈ পৰে আৰু তেওঁ বাৰে বাৰে ঘূৰাই ঘূৰাই মনোযোগেৰে কাগজ
খিলা পঢ়িবলৈ ধৰে। দুর্বিষহ জীৱন কাহিনীয়ে চৈধ্য বছৰীয়া কিশোৰ মাৰ্ক টোৱেনৰ মনত
বাৰুকৈয়ে ৰেখাপাত কৰে আৰু তেওঁ জোৱান অফ আর্কৰ জীৱন সম্পৰ্কে অধিক জানিবলৈ আগ্ৰহী
হৈ উঠে। ফলত তেওঁ একাণপতীয়াভাবে জোৱান অফ আর্কৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ
মনোনিৱেশ কৰে আৰু য'তেই যি পায় তাকেই সংগ্ৰহ কৰিবলৈ ধৰে। বত্ৰিছ
বছৰ তথ্য সংগ্ৰহৰ পাছত তেওঁৰ হাতত এক বুজন পৰিমাণৰ তথ্য সংগৃহীত হয়। তথ্যসমূহ
তেওঁ পর্যায়ক্রমে সজাই জোৱান অফ আৰ্কৰ সংগ্ৰহ নামেৰে নামকৰণ কৰি ১৮৮১ চনত এখন
মনোৰম সুখপাঠ্য গ্রন্থ প্ৰকাশ কৰে। মার্ক টোৱেইন মূলতঃ এগৰাকী খুহুতীয়া লেখক
হিচাপে পৰিচিত আছিল। গতিকে জোৱান অফ আৰ্কৰ জীৱনৰ আধাৰত লেখা গ্ৰন্থখন প্রকৃত নামত
প্ৰকাশ নকৰি ছদ্মনামত প্ৰকাশ কৰিছিল।
জোৱান অফ আর্কৰ জীৱন সম্পৰ্কে তথ্য
সংগ্ৰহৰ কামত লাগি থাকোঁতে অ'ত ত'ত অনাই-বনাই
ঘূৰি ফুৰিব লগা হোৱাত এটা সময়ত তেওঁৰ মনত দেশ ভ্ৰমণৰ প্ৰতি আগ্ৰহ ওপজে আৰু তেওঁ
দেশ ভ্ৰমণৰ বাবে ওলাই পৰে। জাহাজ আৰু ৰে'লেৰে তেওঁ চেণ্টলুই, চিকাগো,
নিউইয়র্ককে আদি কৰি ভালেমান দেশ ভ্ৰমণ কৰে। দেশ ভ্ৰমণ কৰি থাকোঁতে
মাজতে তেওঁ ফিলা ডেলফিয়া আৰু ৱাশিংটনত দুবছৰমান ‘কম্পোজিটৰ’ৰ
চাকৰিও কৰে। উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ নানা দেশ ভ্ৰমণ কৰি তেওঁ ১৮৭৫ চনত
মিচিচিপিৰ পাৰত অৱস্থিত নিউ অ’ৰলিন্সলৈ আহে আৰু তাতে তেওঁ এজন
কেপ্তেইনৰ তত্ত্বাৱধানত জাহাজ চলোৱাৰ কাম শিকে। কাম শিকা শেষ হোৱাৰ পাছত চাৰি বছৰ
তেওঁ তাত পাইলট আৰু কেপ্তেইন হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই চাৰি বছৰত তেওঁ মানৱ
জীৱনৰ বিভিন্ন দিশ সম্পর্কে নানা অভিজ্ঞতা সঞ্চয় কৰে। ১৮৬১ চনত যুক্তৰাষ্ট্ৰৰ
উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত যুদ্ধ আৰম্ভ হয়। যুদ্ধৰ গতি-প্রকৃতি সম্পৰ্কে
খবৰ সংগ্ৰহ কৰিবলৈ তেওঁ জাহাজৰ চাকৰি এৰি সাংবাদিকতাৰ কামত যোগদান কৰে। সাংবাদিক
জীৱন আৰম্ভ কৰাৰ পাছত মার্ক টোৱেইনে একাণপতীয়াভাবে গ্ৰন্থ ৰচনাৰ কামত মনোনিৱেশ
কৰে। ইয়াৰ মাজতে ১৮৭০ চনত তেওঁ অ'লিভিয়া লেঙডনৰ লগত বিবাহপাশত আৱদ্ধ
হয়। শৈশৱত মিচৌৰীৰ পাৰত ঘূৰি ফুৰাৰ সময়ত অৰ্জন কৰা অভিজ্ঞতাক মূলধন হিচাপে লৈ
১৮৭৬ চনত লাইফ অফ দি মিচিচিপি আৰু এডভান্টেজ অফ টম ছয়াৰ নামৰ দুখন সুখপাঠ্য
গ্ৰন্থ প্ৰকাশ কৰে। টম ছয়াৰৰ কাহিনী খুবেই মনোৰম। এবাৰ পঢ়িবলৈ ল'লে
শেষ নকৰাকৈ এৰিব নোৱাৰা বিধৰ গ্ৰন্থ টম ছয়াৰ। ১৮৮১ চনত প্ৰকাশ পায় জোৱান অফ
আর্কৰ সংগ্ৰহ নামৰ গ্ৰন্থখন। ১৮৮৫ চনত তেওঁৰ আন এখন গ্ৰন্থ হ’ল ‘এডভানটেজ
অফ হাকলবেৰি ফিন'। গ্ৰন্থখন শিশুৰ উপযোগী হাস্য ৰসেৰে পৰিপূৰ্ণ । গ্ৰন্থখন ইমান ৰসাল যে, মাথোন
আমেৰিকাতেই নহয়, সমগ্ৰ বিশ্বতে গ্ৰন্থখন সমাদৃত। ১৯০৬ চনত
প্ৰকাশ পায় ‘হোয়াট ইজ মেন' নামৰ গ্ৰন্থখন।
মার্ক টোৱেনে সাহিত্যিক জীৱনত ২৩ খন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। এই গ্ৰন্থসমূহৰ
ভিতৰত ‘মিষ্টিৰিয়াচ ষ্ট্রেঞ্জ' নামৰ গ্ৰন্থখন তেওঁৰ মৃত্যুৰ পাছত
প্ৰকাশ পায়। আধাতে স্কুলীয়া শিক্ষা সামৰা মার্ক টোৱেনক ১৮৮৮ চনত ‘ইয়েলো’
বিশ্ববিদ্যালয়ে সাহিত্যিক জীৱনৰ স্বীকৃতি হিচাপে তেওঁক ক'লাৰ
এম, এ ডিগ্ৰী আৰু ১৯০১ চনত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ১৯০৭ চনত
অক্সফোর্ড বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। উইলিয়াম ফাৰে তেওঁক
আমেৰিকান সাহিত্যৰ জনক হিচাপে অভিহিত কৰিছিল।
মার্ক টোৱেন উদাৰ প্ৰকৃতিৰ লোক আছিল
আৰু ব্যৱসায় সম্পর্কে সম্পূৰ্ণ অজ্ঞ আছিল।
যাৰ ফলত তেওঁ জীৱনৰ বিয়লি বেলাত আর্থিক সংকটৰ সন্মুখীন হ'ব লগা হৈছিল ৷
গ্ৰন্থ প্রণয়ন কৰি তেওঁ প্ৰচুৰ ধন উপাৰ্জন কৰিছিল যদিও সেই ধন সঞ্চয় কৰি ৰখা
নাছিল। সেই ধন তেওঁ বেলেগ বেলেগ কামত বিনিয়োগ অথবা আনক সহায়
কৰিবলৈ গৈ খৰচ কৰি শেষ বয়সত ঋণত পোত গৈছিল। ফলত ঋণৰ পৰা মুক্ত হ'বলৈ
তেওঁ ৫৯ বছৰ বয়সত দেশ-বিদেশত ঘূৰি বক্তৃতা প্ৰাদন কৰি ফুৰিব লগা হৈছিল। এইদৰে
বক্তৃতা দি ঘূৰি ফুৰাৰ সময়ত তেওঁ অতিকৈ বেদনাদায়ক দুৰ্যোগৰ সন্মুখীন হ'ব
লগা হৈছিল। তেওঁ বিদেশত থাকোঁতেই তেওঁৰ ডাঙৰজনী জীয়েক ছুছিৰ মৃত্যু হয়। ইয়াৰ
কিছু বছৰ পাছতে তেওঁৰ পত্নী বিয়োগ ঘটে। পত্নীৰ মৃত্যুৰ পাছতে তেওঁৰ সৰুজনী জীয়েক
জিনৰ মৃত্যু হয়। ধাৰাবাহিকভাবে কে’বাজনো আপোন মানুহৰ মৃত্যুত মার্ক
টোৱেইন মানসিকভাবে বিপর্যস্ত হৈ পৰে। ফলত তেওঁৰ শেষ জীৱনৰ ৰচনাসমূহত ইয়াৰ প্ৰভাৱ
পৰিছিল। তেওঁৰ শেষ জীৱনৰ ৰচনাসমূহত নিৰাশা আৰু বৈৰাগ্যৰ সুৰ ধ্বনিত হোৱাৰ লগতে
হৃদয়ৰ পৰা নিগৰি ওলাইছিল নিৰাশা আৰু বৈৰাগ্যৰ সার্বজনীন উপলব্ধি।
১৯১০ চনৰ ২১ এপ্ৰিলত ৭৬ বছৰ বয়সত
হাস্যৰসিক হিচাপে সুপৰিচিত বিশ্ববিশ্রুত মহান লেখক মার্ক টোৱেনৰ বৰ্ণময় জীৱনৰ যৱনিকা
পৰে।
প্রকাশ- ৮ ফেব্ৰুৱাৰী- ২০১১
‘ছাৰে জঁহা ছে অচ্ছা হিন্দুস্থাঁ হামাৰা' গীতৰ স্ৰষ্টা
মহম্মদ ইকবালৰ জীৱন আৰু কৰ্ম
কুৰি শতিকাৰ উৰ্দু তথা পাৰ্চী ভাষাৰ
শ্ৰেষ্ঠ ভাৰতীয় কবিসকলৰ মাজত মহম্মদ ইকবাল অন্যতম। পশ্চিম পঞ্জাৱৰ শিয়ালকোটত
১৮৭৭ চনৰ ৯ নৱেম্বৰত ইকবালৰ জন্ম। তেওঁৰ দেউতাক নূৰ মহম্মদ বৃত্তিত এজন দৰ্জী
আছিল। তেওঁৰ আতাকৰ নাম আছিল শ্বেখ মহম্মদ ৰফিক। তেওঁৰ পূৰ্বপুৰুষসকল আজিৰ পৰা দুশ
বছৰ আগত সপ্ন গোত্ৰৰ কাশ্মীৰী ব্ৰাহ্মণৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু
১৮৫৭ চনৰ ওচৰা-উচৰি কোনোবা এটা সময়ত কাশ্মীৰৰপৰা শিয়ালকোটলৈ উঠি আহিছিল। মহম্মদ
ইকবাল বিশেষভাবে আল্লামা ইকবাল নামেৰে পৰিচিত আছিল।
ইকবাল ল'ৰালিৰ পৰাই
মেধাৱী আছিল আৰু প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মাধ্যমিক স্তৰত স্থানীয় ইংৰাজী
মাধ্যমৰ স্কুল এখনত ভর্তি হৈছিল। অষ্টম শ্ৰেণীৰ পৰা তেওঁ ধাৰাবাহিকভাবে ছাত্র
বৃত্তি লাভ কৰিছিল আৰু স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰি
উত্তীৰ্ণ হৈছিল। তেওঁ স্কট মিছন কলেজৰ পৰা এফ, এ, উত্তীৰ্ণ
হোৱাৰ পাছত চৰকাৰী কলেজৰ পৰা স্নাতক আৰু স্নাকতোত্তৰ ডিগ্রী লাভ কৰিছিল। ১৯০৫ চনত
উচ্চশিক্ষাৰ বাবে তেওঁ ইউৰোপলৈ যায় আৰু ১৯০৬ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা
স্নাতক ডিগ্রী লাভ কৰে । ইউৰোপত অধ্যয়নৰত অৱস্থাত তেওঁ লণ্ডনৰপৰা বেৰিষ্টাৰ আৰু
১৯০৭ চনত জাৰ্মানৰ মিউনিখ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ১৯০৮ চনত
শিক্ষা সমাপ্ত কৰি তেওঁ স্বদেশলৈ উভতি আহে৷ ইংলেণ্ডত অধ্যয়নৰত অৱস্থাত তেওঁ
সৰ্বভাৰতীয় মুছলিম লীগৰ লণ্ডন শাখাৰ সদস্য পদ গ্রহণ কৰিছিল।
ইংলেণ্ডৰ পৰা উভতি আহি তেওঁ ১৯০৮ চনৰ
পৰা ১৯০৯ চনলৈ লাহোৰৰ চৰকাৰী কলেজত ইংৰাজী আৰু দৰ্শন বিভাগত অধ্যাপনা কৰিছিল।
ইয়াৰ পাছত তেওঁ অধ্যাপনা এৰি লাহোৰ হাইকোর্টত ওকালতি কৰিবলৈ লয়। ইকবাল মূলতঃ
সাহিত্যিক তথা দার্শনিক আছিল। শেষত তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত পদার্পণ কৰিছিল যদিও
সাহিত্যিক হিচাপেই অধিক জনাজাত আছিল। সাম্প্রতিক সময়তো তেওঁ এজন মহান কবি
হিচাপেহে অধিক জনাজাত ।
১৯২৬ চনত তেওঁ পঞ্জাৱ বিধান সভাৰ
নিৰ্বাচিত সদস্য আছিল আৰু ১৯৩০ চনত লাহোৰত অনুষ্ঠিত হোৱা মুছলিম লীগৰ বাৰ্ষিক
সন্মিলনত সভাপতিত্বও কৰিছিল। উক্ত সন্মিলনত তেওঁ মুছলিম বসতিপ্ৰধান উত্তৰ-পশ্চিম
অঞ্চলক লৈ পৃথক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তদানীন্তন ভাৰত চৰকাৰে
১৯২৩ চনত তেওঁক ‘নাইট’(ছাৰ) উপাধি প্ৰদান কৰিছিল। তেওঁ দক্ষিণ
এছিয়া আৰু উৰ্দু বহুল বিশ্বত শ্বায়েৰ-ই- মাশ্বৰিক, মুফাক্কিৰ-ই-পাকিস্থান,
সুছাৱাৰ-ই-পাকিস্থান, হাকিমুল-উল-উম্মত নামেৰে জনাজাত আছিল ।
পাকিস্থান চৰকাৰে মৰণোত্তৰভাবে তেওঁক জাতীয় কবিৰ সন্মান প্ৰদান কৰিছে। তেওঁৰ
জন্মদিনটো পাকিস্থানত চৰকাৰী বন্ধ হিচাপে উদযাপন কৰে। ইকবালৰ বাসগৃহ ‘ইকবাল মঞ্জিল'
পাকিস্থানৰ শিয়ালকোটত অৱস্থিত আৰু বৰ্তমান গৃহটো দৰ্শনাৰ্থীৰ কাৰণে
উন্মুক্ত।
ধৰ্মীয় দৃষ্টিকোণৰ ফালৰ পৰা তেওঁ
ইছলামৰ সমৰ্থক আছিল যদিও ইছলাম ধৰ্মৰ পুনঃব্যাখ্যাৰ পোষকতা কৰিছিল। তেওঁ ইছলামৰ
সার্বভৌমত্ব, পাশ্চাত্য শিক্ষা তথা জ্ঞান-বিজ্ঞানৰ সমৰ্থক
আছিল। কিন্তু তেওঁ ৰাষ্ট্ৰবাদ আৰু গণতন্ত্ৰৰ বিৰুদ্ধ আছিল। নাৰীৰ ভূমিকা তেওঁ গৃহৰ
চাৰিবেৰৰ মাজতে সীমাৱদ্ধ কৰি ৰখাৰ পক্ষপাতি আছিল। তেতিয়াৰ মুছলমানসকলৰ যিসকলে
তেতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল সেইসকলৰ মাজত তেওঁৰ মহত্ত্বপূর্ণ স্থান
আছিল। ইছলাম ধৰ্মৰ লগতে প্ৰাচ্য আৰু পাশ্চাত্য দৰ্শনৰ তেওঁ বিদগ্ধ পণ্ডিত আছিল।
উর্দু তথা পাৰ্চী ভাষাৰ খুবেই উৎকৃষ্ট কবি আছিল তেওঁ।
ইকবালৰ দেশপ্ৰেম আছিল অতুলনীয়। তেওঁ
ৰচনা কৰা কবিতাসমূহ দেশপ্ৰেমৰ ভাবনাৰে সমৃদ্ধ আছিল। তেওঁৰ এটি কবিতাত ভাৰতৰ প্রাকৃতিক
সৌন্দৰ্য আৰু হিমালয়ৰ মহিমাৰ সুন্দৰ চিত্ৰ অংকন কৰি গৈছে। তেওঁ ঋকবেদৰ প্ৰসিদ্ধ
গায়ন্ত্ৰী মন্ত্ৰ অনুবাদ কৰি থৈ গৈছে। দেশপ্ৰেমৰ ভাবনাৰে সমৃদ্ধ এটি কবিতাত তেওঁ
এইদৰে ভাৰতবৰ্ষৰ মহিমাৰ বৰ্ণনা কৰি গৈছে- “খাকে বৰ্তন (মাটি)কাহৰ জৰা (কণা) মু
কাকো দেৱতা হ্যায়, আ গেৰিয়ত (ভিন্নতা)কে পর্দা একবাৰ ফিৰ উঠা দে।'
ইয়াৰ পাছতে তেওঁ দেশপ্রেমমূলক আন এটি কবিতা লেখিছিল । কবিতাটোৰ
মাজেৰে তেওঁ দেশভক্তিৰ লগতে উদাৰ মানৱীয় মনোভাবৰ পৰিচয় দিছে। কবিতাটোত তেওঁ
কৈছে- এইখনেই আমাৰ দেশ য'ত চিস্তি(এগৰাকী চুফিবাদী দার্শনিক তথা
ধৰ্ম প্ৰচাৰক)য়ে একেশ্বৰবাদৰ সূচনা দিছে, নানা ভক্তিৰ গীত গাইছে। য'ত
তাতাৰসকলে নিজৰ ঘৰ বনাইছে আৰু হিজাজবাসীসকলক নিজৰ দেশ ত্যাগ কৰি যাবলৈ প্ৰেৰণা
দিছে। মোৰ দেশ সেইখন- যিয়ে সমগ্ৰ বিশ্বক জ্ঞান-বিজ্ঞানৰ শিক্ষা দিছে। যিখন দেশে
গৌতম বুদ্ধৰ জন্ম দিছে, জাপানীৰ কাৰণে পৱিত্ৰ ভূমি, খ্ৰীষ্টানসকলৰ
কাৰণে জেৰুজালেম। ইয়াৰ পাছত তেওঁ সদা দদ (সদায় পীড়া) আৰু নই শিৱালে (নতুন
শিৱালয়) নামৰ দুটি কবিতা ৰচনা কৰি থৈ গৈছে। কবিতা দুটিত তেওঁ যথাক্রমে আধ্যাত্মিক
উপলদ্ধিৰ শক্তি আৰু স্বদেশৰ মাটিৰ মহত্ত্বৰ কথা সুন্দৰভাবে প্রকাশ কৰিছে। ১৯০৬ চনত
তেওঁ কংগ্ৰেছৰ কান্তিকাৰী কার্যক্রম স্বদেশী আন্দোলনক সমৰ্থন কৰি বিলাতী বস্তু
বৰ্জন কৰিছিল।
তেওঁ ইছলাম ধৰ্মৰ ঘোৰ সমৰ্থক আছিল ।
ইছলাম ধৰ্ম জীৱনৰ এক বা একাধিক বিভাগতে মাথোন সীমিত নহয়, বৰং জীৱনৰ
আধ্যাত্মিক তথা লৌকিক সকলো দিশতে ইছলামৰ পৰিধি বিস্তৃত বুলি তেওঁ বিশ্বাস কৰিছিল।
ইছলামৰ নিৰ্দেশ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য তথা ইছলামৰ গতিশীলতাৰ ওপৰতো তেওঁৰ
বিশ্বাস আছিল। জ্ঞানৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ যি উপলব্ধি হৈছিল, সেই
জ্ঞানৰ সমুচিত মূল্যায়ন আৰু বিশ্লেষণ কৰি ইছলামৰ পৰম্পৰাগত ধৰ্মীয় দৰ্শনৰ
পুনঃব্যাখ্যা তথা নিৰ্মাণ কৰাৰ কথা ভাবিছিল। কিন্তু তেওঁৰ এই ধৰণৰ ব্যাখ্যা
মৌলবাদীসকলে সমৰ্থন কৰা নাছিল।
ইব্বালৰ মতানুসাৰে সৰগ নৰক বোলা কোনো
বিশেষ স্থান নাই, এয়া এক স্থিতি অর্থাৎ অৱস্থাহে। সুখ-দুখৰ
অনুভূতিৰ কাৰণে কোৰাণত সৰগ নৰকৰ কথা উল্লেখ কৰা হৈছিল বুলি তেওঁ মতপোষণ কৰিছিল ।
কোৰাণৰ মতানুসাৰে নৰক হ'ল আল্লাহৰ প্ৰজ্জ্বলিত জুই যি জুয়ে হৃদয় দগ্ধ
কৰে আৰু সৰগ হ'ল বিঘটনকাৰী শক্তিৰ বিৰুদ্ধে বিজয়। সৰ্গ আৰু
নৰক সম্বন্ধে এনেকুৱা ধাৰণা আছিল ইকবালৰ ।
ইকবাল এগৰাকী স্বাধীন চিন্তক আছিল।
ছৈয়দ আহমদ খানৰ দৰে ইকবালো মৌলবীসকলৰ মৌলবাদৰ কাৰণে চিন্তিত আছিল। তেওঁ ছাৰ ছৈয়দ
আহমদ খানক সন্মান কৰিছিল যদিও তেওঁৰ সকলো চিন্তাধাৰাৰ লগত সহমত নাছিল। ইকবালৰ মতে
ছাৰ ছৈয়দ আহমদ খানে প্ৰথম ভাৰতীয় মুছলমান, যিজনে আধুনিক
যুগৰ লগত সংগতি ৰাখি মূলতঃ ইছলামৰ ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰিছিল। ইকবালে কৈছিল
যে, ছাৰ ছৈয়দ আহমদৰ ধৰ্মীয় বিচাৰধাৰাৰ লগত তেওঁৰ মতভেদ থাকিলেও ছাৰ
ছৈয়দ আহমদৰ সংবেদনশীল ব্যক্তিত্বক অস্বীকাৰ কৰাৰ উপায় নাই। অত্যধিক মৌলবাদী
হোৱাৰ কাৰণে ভাৰতীয় মুছলমানে ছাৰ ছৈয়দ আহমদ খানৰ ধৰ্মীয় দৃষ্টিকোণ উপলব্ধি
কৰিবলৈ সক্ষম নোহোৱাৰ কাৰণে ইকবাল দুঃখিত আছিল। ছৈয়দ আহমদ খানৰ দৰে তেওঁ অনুকৰণৰ
বিৰোধী আছিল আৰু কৰ্মবাদৰ পক্ষত আছিল। তেওঁ কৈছিল- ‘অনুকৰণ কৰি নিজৰ
স্বাভিমান নষ্ট নকৰিবা, এই অমূল্য ৰতন ৰক্ষা কৰা, কিয়নো
ই খুবেই মূল্যবান।'
ইকবালে ভাগ্যবাদৰ নিন্দা কৰি কৈছিল-
যদি মানুহ পূর্বনির্ধাৰিত উদ্দেশ্যতে বন্দী হৈ থাকে, তেনেহ'লে
এই পৃথিবী স্বতন্ত্র দায়িত্বশীল আৰু নৈতিক মানুহৰ বাসস্থান হ'ব
নোৱাৰে, বৰং এই পৃথিবী পুতলাৰ ৰংগমঞ্চলৈ ৰূপান্তৰিত হ'ব, যাৰ
ডোঁৰ থাকিব অজ্ঞাত শক্তিৰ হাতত । মানুহ যদিও জীৱ-জন্তু, গছ-বিৰিখৰ দৰে
প্ৰাকৃতিক সীমাৰ মাজত আৱদ্ধ, তথাপি মানুহৰ স্বতন্ত্ৰতাৰ সীমা নাই।
সেয়ে মানুহে নিজৰ অন্তর্নিহিত শক্তি বিকশিত কৰি নিজেই নিজৰ ভাগ্য-বিধাতা হোৱাৰ
পোষকতা কৰিছিল ইকবালে। এই সম্বন্ধে তেওঁ নিজৰ চিন্তাধাৰা ব্যক্ত কৰিবলৈ কৈছিল- হে
মানুহ, তুমি নিজক ইমান ওখ কৰা, যে কৰ্মফল দিয়াৰ আগতে যেন আল্লাহই
তোমাৰ ইচ্ছাৰ কথা জানিবলৈ ইচ্ছা কৰে । স্বতন্ত্র ইচ্ছা থকা ব্যক্তিয়ে পৃথিবীখনক
নিজৰ বাটত ঘূৰাবলৈ বাধ্য কৰাব পাৰে আৰু সাধাৰণ মানুহ পৰম্পৰাৰ দাস হৈ থাকে।
ইকবালে উর্দূ আৰু পাৰ্চী আৰু ইংৰাজীত
কে’বাখানো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ইয়াৰ উপৰিও তেওঁ পাৰ্চী
ভাষাত ‘অর্থশাস্ত্র’ নামৰ এখন গ্ৰন্থ ৰচনা কৰি গৈছে।
দীৰ্ঘদিন ৰোগভোগৰ পাছত ১৯৩৮ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখে এইগৰাকী মহান কবিৰ দেহাৱসান
হয় । ড০ মহম্মদ ইকবাল মৰিও অমৰ হৈ আছে তেওঁৰ কৰ্মৰাজিৰ মাজত। ‘ছাৰে
জঁহা ছে অচ্ছা হিন্দুস্থাঁ হামাৰা' শীৰ্ষক গীতটো তেওঁৰ অমৰ সৃষ্টি। এই
গীতটো যিমান দিনলৈকে মানুহৰ মুখে মুখে উচ্চাৰিত হৈ থাকিব, সিমান দিনলৈকে
তেওঁ এই মাটিৰ পৃথিবীত জীয়াই থাকিব।
(এদিনৰ সংবাদ- ১৫ মার্চ-২০১১)
মোপাছাৰ জীৱন আৰু কৰ্ম
ঊনৈছ শতিকাৰ ফৰাচী সাহিত্যাকাশৰ
উজ্জ্বলতম নক্ষত্ৰ হিচাপে যিসকল লেখকক চিহ্নিত কৰা হয়, সেইসকলৰ ভিতৰত
মোপাছা অন্যতম। তেওঁৰ প্ৰকৃত নাম আছিল হেনৰি ৰেনে আলবার্ট গী ডে মোপাছা ।
ফান্সৰ নাৰ্মান্দি চহৰৰ উপকণ্ঠত ১৮৫০
চনৰ ৫ আগষ্টত মোপাছাৰ জন্ম। তেওঁৰ দেউতাকৰ নাম গুস্তাভ দ্য মোপাছা আৰু মাকৰ নাম
লাৰা লি পইট্রেভিন মোপাছা। মোপাছাৰ জন্মৰ কিছু বছৰ পাছৰে পৰা মাক-দেউতাকৰ মাজত ভুল
বুজাবুজিৰ সৃষ্টি হৈ ঘৰখনত অশান্তিৰ সৃষ্টি হয় আৰু সেই অশান্তিয়ে এটা সময়ত
মহীৰূহ ৰূপ ধাৰণ কৰে। ফলত মোপাছাৰ এঘাৰ বছৰ আৰু ভায়েকৰ ৫ বছৰ বয়সত মাক- দেউতাকৰ
মাজত বিবাহ বিচ্ছেদ হোৱাৰ পাছত মোপাছাই মাকৰ লগত থাকিবলৈ লয়। মোপাছাৰ মাক লাৰা লি
পইট্রেভিন মোপাছা এগৰাকী স্নেহশীল মাতৃ আছিল। তেওঁ সুগৃহিণী হোৱাৰ লগতে সুশিক্ষিতা
আৰু সাহিত্যানুৰাগীও আছিল। তেওঁ দেশ-বিদেশৰ বিখ্যাত সাহিত্যিকসকলৰ বিশেষকৈ
শ্বেকচুপিয়েৰৰ গ্ৰন্থ অধ্যয়ন কৰিছিল আৰু মোপাছাক কাষত শোৱাই সেই লেখনিসমূহ
মোপাছাক কৈ শুনাইছিল। ফলত শৈশৱৰ পৰাই মোপাছাৰ হৃদয়ত সাহিত্য সৃষ্টিৰ বীজ অংকুৰিত
হৈছিল।
ল'ৰালিৰে পৰাই
মোপাছা অঘাইতং আৰু উদণ্ড প্ৰকৃতিৰ আছিল। উপযুক্ত বয়সত মাকে তেওঁক স্থানীয়
বিদ্যালয় এখনত নাম লগাই দিয়ে । তাত কিছুদিন অধ্যয়ন কৰাৰ পাছত মাকে ১৮৬৭ চনত
তেওঁক কয়েনৰ এখন ব্যক্তিগত খণ্ডৰ জুনিয়ৰ হাইস্কুলত নামভৰ্তি কৰি দিয়ে । ৰুয়েনত
অধ্যয়নৰত অৱস্থাত তেওঁ এগৰাকী সাহিত্যানুৰাগী শিক্ষকৰ সান্নিধ্যলৈ আহে।
শিক্ষকগৰাকীয়ে মোপাছাৰ হৃদয়ত নিহিত হৈ থকা সাহিত্যানুৰাগৰ সম্ভেদ পাই তেওঁক
দেশ-বিদেশৰ সাহিত্যিকসকলৰ গ্ৰন্থ অধ্যয়নৰ সুযোগ কৰি দিয়ে। শৈশৱত মাকৰ মুখত শুনি
শুনি মোপাছাৰ হৃদয়ত যি সাহিত্য সৃষ্টিৰ বীজ অংকুৰিত হৈছিল, বিখ্যাত
সাহিত্যিকসকলৰ গ্ৰন্থ অধ্যয়নৰ ফলত সেই বীজ সঁজাল ধৰি উঠে আৰু তেওঁ সাহিত্য সাধনাৰ
প্ৰতি আকৃষ্ট হৈ পৰে। মোপাছাই ছদ্মনামত গল্প, কবিতা আদি
লেখিবলৈ লয়; কিন্তু লেখনিসমূহ উন্নত মানৰ নোহোৱাৰ কাৰণে
পাঠকৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম নহ'ল।
১৮৭০ চনত মোপাছাই স্নাতক ডিগ্ৰী লাভ
কৰে। ঠিক তেতিয়াই ফ্ৰেংকু-প্রচিয়ান যুদ্ধ চৰম পৰ্যায়ত উপনীত হয় আৰু ফৰাচীৰ
যুৱকসকলে দলে দলে সেনাবাহিনীত ভৰ্তি হ'বলৈ ধৰে। মোপাছাই লেখা-পঢ়া সামৰি ১৮৭১
চনত বন্ধু-বান্ধৱৰ লগত সেনাবাহিনীত ভর্তি হয়। যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ পেৰিছলৈ
উভতি আহে আৰু পেৰিছতে স্থায়ীভাবে বসবাস কৰিবলৈ লয় । জীৱন নিৰ্বাহৰ বাবে তেওঁ
প্ৰথম পৰ্যায়ত ১০ বছৰ নৌ-বাহিনীত আৰু শেষৰ পৰ্যায়ত শিক্ষা দপ্তৰত কেৰাণীৰ চাকৰি
কৰে ।
চাকৰি কৰা সময়তে মোপাছাৰ সাহিত্যিক
জীৱন আৰম্ভ হয়। তেওঁ বিখ্যাত ফৰাচী ঔপন্যাসিক গুস্তাভ ফ্লবাৰ্টৰ সান্নিধ্যলৈ আহে
আৰু সাহিত্য সাধনাৰ প্ৰতি মনোযোগী হৈ পৰে। গুস্তাভ ফ্লবাৰ্টৰ সান্নিধ্যলৈ অহাৰ
পাছত মোপাছাৰ এমিল জোলা আৰু ৰাছিয়ান ঔপন্যাসিক আইভান টুর্গেনিভৰ লগত পৰিচয় হয়।
১৮৮০ চনৰ শেষৰ ফালে বিশ্ববিখ্যাত প্ৰকৃতিৰ সাধক এমিল জোলাৰ আগ্ৰহত সমসাময়িক কালৰ
লেখকৰ এখন চুটি গল্পৰ সংকলন প্রকাশ কৰা হয়। সমসাময়িক কালৰ চাৰিগৰাকী নতুন
সাহিত্যিকৰ গল্পৰ লগত উক্ত গ্ৰন্থখনত মোপাছাৰ গল্পও প্রকাশ পায়। এই গল্পটোৱে আছিল
তেওঁৰ প্ৰকৃত নামত প্রকাশিত প্রথম চুটি গল্প। গল্পটো প্ৰকাশ হোৱাৰ লগে লগে মোপাছা লেখক
হিচাপে প্ৰতিষ্ঠিত হৈ পৰে আৰু বহুতো প্ৰতিষ্ঠিত প্রকাশক তথা সম্পাদকৰ পৰা তেওঁ
লেখাৰ বাবে আমন্ত্ৰণ পাবলৈ ধৰে। ফলত শেষ মুহূৰ্তত তেওঁ কেৰাণীৰ চাকৰি এৰি
নিয়মীয়াভাবে লেখাৰ প্ৰতি মনোনিৱেশ কৰে।
সমাজ জীৱনৰ নিস্পৃহ বাস্তৱ সত্যক কি
ধৰণৰ দৃষ্টিভংগীৰে বিচাৰ কৰি তাক কিদৰে সাহিত্যৰ পাতত লিপিৱদ্ধ কৰিব লাগে গুস্তাভ
ফ্লবাৰ্টৰ পৰা মোপাছাই এই বিষয়ে অভিজ্ঞতা অৰ্জন কৰিছিল। সেই অভিজ্ঞতাৰ আধাৰত
সৈনিকসকলৰ জীৱন ধাৰণৰ অভিজ্ঞতা, সৰুতে মাকৰ প্ৰতি দেউতাকৰ অমানুষিক
অকথ্য নির্যাতনক মূলধন হিচাপে লৈ মোপাছা সাহিত্য সাধনাত ব্ৰতী হয়। ১৮৮০ চনৰ পৰা
১৮৯১ চনলৈ তেওঁৰ সাহিত্যিক জীৱনৰ সোণালী অধ্যায় আছিল বুলি ক'ব
পাৰি। ১৮৮০ চনৰ মাজ ভাগত ‘ডেঞ্জাচ’ নামৰ
কাব্যগ্ৰন্থখন প্ৰকাশ পায়। কবিতাসমূহৰ জৰিয়তে তেওঁ সমাজৰ নগ্ন ৰূপ পাঠকৰ সন্মুখত
খোলা-খুলিভাবে দাঙি ধৰিছিল। ফলত ফৰাচী কবি, সাহিত্যিকৰ
দ্বাৰা তেওঁ তিৰস্কৃত হয় আৰু চৰকাৰে গ্ৰন্থখন বাজেয়াপ্ত কৰাৰ ধমকি দিয়ে,
কিন্তু শেষমুহূৰ্তত গ্ৰন্থখন বাজেয়াপ্ত কৰা নহ'ল ।
১৮৮১ চনত তেওঁৰ প্ৰথম চুটিগল্প সংকলন
প্রকাশ পায়। দুই বছৰতে সংকলনটোৰ বাটা সংস্কৰণ প্ৰকাশ পায়। ১৮৮৩ চনত তেওঁৰ প্রথম
উপন্যাস 'ইউনে ভাই' প্রকাশ। উপন্যাসখনৰ ২৫০০০টা কপি এবছৰতে বিক্ৰী
হয়। ১৮৮৫ চনত তেওঁৰ দ্বিতীয়খন উপন্যাস 'বেল এমি' প্ৰকাশ পায় ।
চাৰি মাহতে উপন্যাসখনৰ ৩৫ টা সংকলন প্রকাশ পায়। এইদৰে তেওঁৰ লেখনিসমূহে পাঠকৰ
মাজত খলকনি সৃষ্টি কৰে। খন্তেকীয়া জীৱনকালত তেওঁ প্ৰমাণ কৰি থৈ গৈছে
যে, গল্প, কবিতা, উপন্যাস লিখিও জীৱন নিৰ্বাহ কৰিব পৰা
যায়। কিন্তু যৌৱন কালত উচ্ছৃংখল জীৱন যাপন কৰাৰ ফলত তেওঁ অকালতে মৃত্যু বৰণ কৰিব
লগা হয়।
পেৰিছত চাকৰি কৰাৰ সময়ত মোপাছাই
বেপৰুৱা উচ্ছৃংখল জীৱন অতিবাহিত কৰিবলৈ লৈছিল। সুযোগ পালেই তেওঁ উচ্ছৃংখল বন্ধু-
বান্ধৱৰ লগত সুৰাপান কৰি ৰিয়েন নদীত নৌকাবিহাৰ কৰি ঘূৰি ফুৰিছিল আৰু নিষিদ্ধ
পল্লীসমূহলৈ গৈ নিশা যাপন কৰিছিল। ফলত ‘চিফিলিচ’ নামৰ এক
মাৰাত্মক যৌন ব্যাধিত তেওঁ আক্ৰান্ত হৈছিল। বয়স বঢ়াৰ লগে লগে ৰোগৰ মাত্ৰাও বাঢ়ি
আহিবলৈ ধৰে আৰু এটা সময়ত তেওঁ ৰোগৰ যন্ত্ৰণাত মানসিকভাবে বিপর্যস্ত হৈ পৰে।
তদুপৰি ৰোগৰ মৰ্মান্তিক যন্ত্ৰণাৰ মাজত অশেষ পৰিশ্ৰম কৰি সাহিত্য চৰ্চাত ব্ৰতী
থকাৰ ফলত তেওঁৰ স্বাস্থ্য ভাঙি পৰে। লেখনিৰ পৰা পোৱা টকাৰ উপৰিও প্রকাশকসকলে তেওঁৰ
চিকিৎসাৰ বাবে অকুণ্ঠ চিত্তে অর্থ সাহায্য আগবঢ়াইছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে,
কোনো চিকিৎসাই তেওঁক ৰোগমুক্ত কৰিব নোৱাৰিলে। কাৰণ তেতিয়াৰ দিনত
আজি- কালিৰ দৰে উন্নত চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাছিল। তদুপৰি চিকিৎসা চলি থকা
অৱস্থাতো তেওঁ উচ্ছৃংখল জীৱন ত্যাগ কৰিবপৰা নাছিল। ফলত ৰোগৰ বীজাণু এটা সময়ত
সৰ্বশৰীত বিয়পি পৰে।
ঠিক তেতিয়াই তেওঁৰ ভায়েক এজন মানসিক
ভাৰসাম্য হেৰুৱাই পগলা ফাটেকত আশ্রয় ল'ব লগা হয়। ভায়েকক পগলা ফাটেকলৈ যোৱা
দেখি মোপাছা মানসিকভাবে অধিক বিপর্যস্ত হৈ পৰে আৰু তেওঁৰ মনত ধাৰণা এটা বদ্ধমূল
হয় যে তেওঁ নিজেও এদিন ভায়েকৰ দৰে পগলা ফাটেক লৈ যাব লাগিব। এই মানসিক
দুঃশ্চিন্তা এটা সময়ত চৰম পৰ্যায় পায়হি। পগলা হৈ পগলা ফাটেকত জীৱন কটোৱাতকৈ
আত্মহত্যাই তেওঁৰ কাৰণে শ্ৰেষ্ঠ হ'ব বুলি ভাবি তেওঁ আত্মহত্যা কৰিবলৈ
সিদ্ধান্ত লয় আৰু তেওঁ দুবাৰ আত্মহত্যাৰ বাবে চেষ্টা চলায়। (প্ৰথমবাৰ ১৮৯২ চনৰ ২
জানুৱৰীত ডিঙি কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল।) কিন্তু দুই বাৰেই তেওঁ আত্মহত্যা
কৰিবলৈ গৈ ব্যর্থ হয়। কিন্তু অতি পৰিতাপৰ কথা যে, তেওঁৰ সেই
ধাৰণাই শেষলৈ গৈ বাস্তৱ ৰূপ লয় আৰু তেওঁ পগলা ফাটেকত ভৰ্তি হ'ব
লগা হয়। এবছৰ ছমাহ কাল পগলা ফাটেকত কটোৱাৰ পাছত তেওঁক ঘৰলৈ অনা হয়। কিন্তু ঘৰলৈ
অনাৰ কিছুদিন পাছতে মাথোন তিয়াল্লিছ বছৰ বয়সত ১৮৯৩ চনৰ ৬ জুলাইত পেৰিছত তেওঁ
মৃত্যু বৰণ কৰে ।
খন্তেকীয়া জীৱন কালত মোপাছা মাথোন
এঘাৰ বছৰহে সাহিত্য সাধানাত ব্ৰতী আছিল। তেওঁক চুটি গল্পৰ জনক বুলি অভিহিত কৰা
হয়। এই তাকৰীয়া সময়ৰ ভিতৰতে তেওঁ ৩০০ টা চুটি গল্প, ছখন উপন্যাস,
তিনিখন ভ্রমণ কাহিনী আৰু এখন কবিতা পুথি লিখি উলিয়াইছিল। মৰিও তেওঁ
অমৰ হৈ আছে তেওঁৰ সৃষ্টিকৰ্মৰ মাজত। তেওঁৰ লেখাসমূহ বিশ্বসাহিত্যৰ ভঁড়ালৰ অমূল্য
সম্পদৰূপে জনমানসত যুগ যুগ ধৰি চিন্তাৰ খোৰাক যোগাই আহিছে।
এদিনৰ সংবাদ-৪ জানুৱাৰী-২০১১
জন বনিয়ানৰ জীৱন আৰু কৰ্ম
কাৰাগাৰৰ অন্ধকাৰত বহি লিখা বিশ্বৰ
অন্যতম উৎকৃষ্ট গ্রন্থৰূপে বিবেচিত ‘পিলগ্রিমচ্ প্ৰ'গ্ৰেছ’ নামৰ
গ্ৰন্থখনৰ লেখক জন বনিয়ান ইংলেণ্ডৰ প্ৰসিদ্ধ সাহিত্যিকসকলৰ ভিতৰত অন্যতম। মেকলেৰ
দৰে পণ্ডিতে সপ্তদশ শতিকাৰ মহত্ত্বতম সৃজনী মনিষা আৰু বাৰ্ণাৰ্ড শ্ব'ই
শেক্সপিয়েৰতকৈ উৎকৃষ্ট লেখক বুলি অভিহিত কৰিছিল জন বনিয়ানক। জন বনিয়ানৰ জন্ম
১৬২৮ চনৰ ৩০ নৱেম্বৰত ইংলেণ্ডৰ বেডফোর্ডৰ ওচৰৰ এলষ্ট উ নামৰ ঠাইত । জন বনিয়ানৰ
দেউতাক টমাচ বনিয়ান এজন ডাল-দৰিদ্ৰ লোক আছিল। তেওঁ বাটে বাটে ঘূৰি লো, টিনৰ
বাচন- বৰ্তন মেৰামত কৰি জীৱিকা নিৰ্বাহ কৰিছিল। শিশু বনিয়ানক যথাসময়ত বিদ্যালয়ত
নাম ভৰ্তি কৰি দিছিল যদিও দৰিদ্ৰতাৰ কাৰণে তেওঁ কিছুদিন পাছতে লেখা-পঢ়া সামৰি
দেউতাকৰ লগত বাচন-বৰ্তন মেৰামতৰ কামত নিয়োজিত হ'ব লগা হৈছিল।
ষোল্ল বছৰ বয়সলৈকে তেওঁ বাটে বাটে বাচন-বৰ্তন মেৰামত কৰি ঘূৰি ফু ৰিছিল। তেওঁ
মাকৰ নাম আছিল মাৰ্গাৰেট বনিয়ান।
তেতিয়া ধর্মীয় আন্দোলনৰ ফলত সমগ্ৰ
ইংলেণ্ডব্যাপী ৰাজনৈতিক অস্থিৰতাৰ জোৱাৰে টৌৱাই গৈছিল। ধৰ্মীয় অনুশাসন ইমানইে তীব্ৰতৰ
হৈ উঠিছিল যে, সাধাৰণ জনতাক কোঙা কৰি পেলাইছিল সেই ধৰ্মীয়
অনুশাসনে। গীর্জাসমূহ ধর্মযাজকসকলৰ একচেটিয়া সম্পত্তিত পৰিণত হৈছিল আৰু গীৰ্জাৰ
বিনা অনুমতিত ধর্মালোচনা নিষিদ্ধ কৰি দিয়া হৈছিল। কোনোবাই গীৰ্জাৰ বিনা অনুমতিত
ধর্মালোচনা কৰিবলৈ গৈ ধৰা পৰিলে অশেষ যাতনা ভূগিব লগা হৈছিল। এই ক্ষেত্ৰত সম্রাটেও
ধর্মযাজকসকলৰ পক্ষ সমর্থন কৰিছিল। ফলত তেতিয়া সম্রাট প্ৰথম চাৰ্লছ আৰু সংসদৰ মাজত
মতানৈক্যৰ সৃষ্টি হৈছিল আৰু সেই মতানৈক্যই এটা সময়ত গৈ গৃহযুদ্ধৰ ৰূপ লৈছিল।
তেতিয়া জন বনিয়ানৰ বয়স আছিল মাথোন
ষোল্ল বছৰ। সেই ষোল্ল বছৰ বয়সতে ১৬৪৪ চনত জন বনিয়ানে দেউতাকৰ বৃত্তি এৰি সংসদীয়
সেনা বাহিনীত ভর্তি হয়। তিনি বছৰ সেনা বাহিনীত কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁ সেনা
বাহিনীৰ পৰা ওলাই আহে। সেনা বাহিনীৰ পৰা ওলাই আহি তেওঁ জুৱাখেল, মদ্যপানৰ
দৰে অসামাজিক কামত লিপ্ত হৈ বেপৰোৱা জীৱনত অভ্যস্ত হৈ পৰে ।
জন বনিয়ান দৈহিকভাবে খুবেই শক্তিশালী
আৰু তজবজীয়া যুৱক আছিল। এনেহেন পাহুৱাল পুতেকৰ অধঃপতন দেখি মাক-দেউতাক খুবেই চিন্তিত
হৈ পৰে আৰু অধঃপতনৰ কবলৰ পৰা ওভতাই অনাৰ বাবে মেৰী নামৰ এগৰাকী খুবেই ধৰ্মপ্ৰাণা
যুৱতীৰ লগত বিয়া পাতি দিয়ে। মেৰী অতি দৰিদ্ৰ ঘৰৰ ছোৱালী আছিল। বিয়াৰ সময়ত তাই
পিতৃ গৃহৰ পৰা মাথোন ‘প্লেন মেন পাথওয়ে টু হেভেন’ আৰু
‘প্ৰেক্টিচ অফ পেইটি' নামৰ দুখন ধর্মগ্রন্থহে যৌতুক হিচাপে
আনিবলৈ সক্ষম হৈছিল। কিন্তু উক্ত ধর্মগ্রন্থ দুখনেই জন বনিয়ানৰ জীৱন সলনি কৰি
দিলে। মেৰীৰ অনুপ্ৰেৰণাত তেওঁ ধৰ্মগ্ৰন্থ দুখন অধ্যয়ন কৰি অনাবিল স্বৰ্গীয় সুখ
উপলব্ধি কৰিবলৈ ধৰিলে আৰু লাহে লাহে তেওঁৰ মন ধৰ্মৰ প্রতি ঢাল খাই পৰিল। গ্ৰন্থ
দুখন অধ্যয়ন কৰি তেওঁৰ চিন্তাত এক নতুন উপলব্ধিৰ সংযোজন হ'ল আৰু নৈষ্ঠিক
ধৰ্মপ্ৰাণ ব্যক্তি হিচাপে পৰিগণিত হ'ল। যীশুখ্ৰীষ্টৰ জীৱন অধ্যয়ন কৰি তেওঁ
অধিক অভিভূত হয় আৰু পিউৰিটিয়ান পি ফৰ্ডৰ সদস্য হৈ পৰে। পিউৰিটিয়ান পি ফৰ্ড হ’ল
নিষ্ঠাৱান আৰু শুদ্ধাচাৰী ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ এক ধৰ্মীয় অনুষ্ঠান। পিউৰিটিয়ান
পি ফৰ্ডৰ সদস্য হোৱাৰ পাছত লাহে লাহে তেওঁৰ আধ্যাত্মিক জ্ঞানৰ ভঁড়াল চহকী হৈ উঠে।
ইতিমধ্যে প্রথম চাৰ্লছৰ মৃত্যু হোৱাত
দ্বিতীয় চাৰ্লছৰ ৰাজ্যাভিষেক হয়। দ্বিতীয় চাৰ্লছৰ শাসন কাল আৰম্ভ হোৱাৰ লগে লগে
প্ৰথম চাৰ্লছৰ সময়ত হোৱা ৰাজনৈতিক অচলাৱস্থা আঁতৰ হয় আৰু ৰাজনৈতিক শাসন আৰম্ভ
হয়। দ্বিতীয় চাৰ্লছৰ শাসন কাল আৰম্ভ হোৱাৰ পাছতো গীর্জাসমূহ পুনৰ ধৰ্মীয় চৰ্চাৰ
কেন্দ্ৰস্থল হৈ পৰে। ফলত সাধাৰণ মানুহে পুনৰ ধৰ্মীয় চৰ্চা আৰু প্ৰচাৰ কৰিব নোৱাৰা
হ'ল।
কিন্তু জন বনিয়ান বাইবেলৰ বাণীৰে
উদ্বুদ্ধ হৈ সকলো নিষেধাজ্ঞা আওকাণ কৰি লুকাই-চুৰকৈ ধৰ্মীয় সভা পাতি ভাষণ প্রদান
কৰিবলৈ ধৰিলে। ১৬৬০ চনৰ ১২ নৱেম্বৰত এখন ধর্মীয় সভাত ভাষণ প্রদান কৰি থাকোঁতে
তেওঁ ধৰা পৰে। সিদিনা তেওঁ বেডফোর্ডৰ পৰা তেৰ মাইল আঁতৰৰ এখন কৃষিপামত ভাষণ প্রদান
কৰি আছিল। তেওঁক বন্দী কৰি জেললৈ প্ৰেৰণ কৰা হয় আৰু নামমাত্ৰ বিচাৰৰ প্ৰসহন কৰি
তেওঁক বাৰ বছৰৰ কাৰণে কাৰাদণ্ড বিহা হয়। তেওঁ কাৰাগাৰৰ পৰা ওলাই গৈ পুনৰ ধৰ্ম
প্ৰচাৰ নকৰে বুলি প্ৰতিশ্ৰুতি দিলে তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিয়া হ'ব
বুলি কাৰাগাৰ কৰ্তৃপক্ষই প্ৰস্তাৱ আগবঢ়ালে। কিন্তু জন বনিয়ানে সেই প্ৰস্তাৱ
প্ৰত্যাখান কৰিলে। ফলত তেওঁ বাৰ বছৰৰ কাৰণে জে'ললৈ যাব লগা হ'ল।
কাৰাধ্যক্ষ গৰাকী ধৰ্মপ্ৰাণ আৰু উদাৰ
প্ৰকৃতিৰ লোক আছিল। জন বনিয়ানৰ অন্ধ সমর্থকো আছিল তেওঁ। সেয়ে তেওঁ ৰাজদণ্ডৰ ভয়
উপেক্ষা কৰি জন বনিয়ানক গোপনে কাৰাগাৰৰ পৰা ওলাই গৈ সময়ে সময়ে ভাষণ প্ৰদান কৰাৰ
সুযোগ দিছিল। কাৰাগৰত খুবেই নিসংগ অনুভৱ কৰিছিল জন বনিয়ানে। সেয়ে কাৰাগাৰৰ
নিসংগতাৰ পৰা মুক্তি পাবলৈ তেওঁ হাতত কলম তুলি লৈছিল। ছবছৰ কাৰাবাস খটাৰ পাছত তেওঁ
বন্দী জীৱনত লেখা প্ৰথম গ্ৰন্থ ‘গ্ৰেচ এবাউণ্ডিং টু দ্য চীফ অফ ছিনাৰচ্”
নামৰ গ্ৰন্থখন প্ৰকাশ পায়।
উক্ত গ্ৰন্থখনৰ মাজেদি তেওঁ মানৱ জীৱনৰ
আশা-নিৰাশা, দ্বন্ধ অতি সহজ সৰলভাবে সৰ্বসাধাৰণে বুজিব
পৰাকৈ উপস্থাপন কৰিছিল। আধ্যাত্মিক উপলব্ধিৰ আধাৰত ৰচিত বিশ্বৰ শ্ৰেষ্ঠ
গ্রন্থসমূহৰ ভিতৰত ‘গ্ৰেচ এবাউণ্ডিং' অন্যতম।
গ্রন্থখনে জনসাধাৰণৰ পৰা প্ৰচুৰ সমাদৰ বুটলিবলৈ সক্ষম হয়। ফলত তেওঁ গ্ৰন্থ ৰচনাৰ
প্ৰতি খুবেই অনুপ্রাণিত হয় আৰু পাছৰ পৰ্যায়ত তেওঁ তেওঁৰ আধ্যাত্মিক উপলব্ধিসমূহ
ৰূপকাত্মক আৰু কল্পচিত্ৰৰ আকাৰত লিপিৱদ্ধ কৰিবলৈ লয়। বাৰ বছৰ কাৰাবাস খাটি জে’লৰপৰা
ওলাই অহাৰ সময়ত তেওঁ এখন অসম্পূর্ণ পাণ্ডুলিপি লৈ ওলাই আহে। কিন্তু পাণ্ডুলিপিটো
সম্পূৰ্ণ কৰি প্ৰকাশৰ আগতেই তেওঁ পুনৰ ন মাহৰ বাবে জে’ল লৈ যাব লগা
হয়। এই ন মাহতে তেওঁ অসম্পূর্ণ পাণ্ডুলিপিটো সম্পূৰ্ণ কৰি জে’লৰ
পৰা ওলাই আহে আৰু ‘পিলগ্রিমচ প্ৰ'গ্ৰেছ' নামকৰণেৰে
গ্ৰন্থাকাৰে প্ৰকাশ কৰে ।
১৬৮৫ চনত ‘পিলগ্রিমচ প্ৰ'গ্ৰেছৰ
লগত দ্বিতীয় খণ্ড সংযোগ কৰা হয়। দ্বিতীয় খণ্ড সংযোগৰ লগে লগে গ্ৰন্থখনৰ
জনপ্ৰিয়তা বৃদ্ধি পায় আৰু প্ৰকাশৰ লগে লগেই আটাইকেইটা কপি বিক্ৰী হৈ যায়। একেটা
বছৰতে গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণো প্ৰকাশ পায়। গ্ৰন্থখনৰ সমাদৰ
ইমানেই বৃদ্ধি পায় যে, বিক্ৰীৰ সংখ্যাৰ ফালৰপৰা গ্ৰন্থখনে বাইবেলৰ
পাছতে স্থান লাভ কৰিবলৈ সক্ষম হয়। পাছৰ পৰ্যায়ত মাথোন দহ বছৰতে গ্ৰন্থখনৰ এক লাখ
কপি বিক্ৰী হৈ যায় আৰু বিক্ৰীৰ ফালৰপৰা গ্ৰন্থখনে অভিলেখ সৃষ্টি কৰে। গ্ৰন্থখনৰ
আন এক অভিলেখ আছিল, এশ বছৰৰ ভিতৰত গ্ৰন্থখনৰ ডেৰশৰো অধিক সংস্কৰণ
প্ৰকাশ পাইছিল। তেওঁৰ মৃত্যুৰ পাছত ২৫০ বছৰত গ্ৰন্থখনৰ ১৩০০ টা সংস্কৰণ প্ৰকাশ
পাইছে। ইতিমধ্যে গ্ৰন্থখন বিশ্বৰ প্ৰায় দুশটা ভাষালৈ অনুদিত হৈছে। গ্ৰন্থখনৰ
জনপ্ৰিয়তাৰ কাৰণ হ'ল, গ্ৰন্থখন মাথোন খ্ৰীষ্টানসকলৰ
আধ্যাত্মিক জীৱনৰে বহিঃপ্ৰকাশ নহয়, ই বিশ্বৰ সমগ্ৰ মানৱ জীৱনৰে
দৰ্শনস্বৰূপ।
গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ লগে লগে জন
বনিয়ান নিজেও জয়প্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰে। তেওঁ যলৈকে গৈছিল, ত’তেই
তেওঁক চাবলৈ মানুহ উবুৰি খাই পৰিছিল আৰু প্ৰচণ্ড শীতকো আওকাণ কৰি তেওঁৰ ভাষণ
শুনিছিল। ১৬৮৮ চনৰ ৩১ আগষ্টত লণ্ডনত এইগৰাকী মহান লেখকৰ দেহাৱসান হয়। মৰিও তেওঁ
অমৰ হৈ আছে তেওঁৰ সৃষ্টিকৰ্মৰ মাজত।
এদিনৰ সংবাদ-১৯ এপ্রিল-২০১১
ৰবাৰ্ট লুইচ ষ্টিফেনচনৰ জীৱন আৰু
সাহিত্য কৰ্ম
জন্মগত প্রতিভা অবিহনে আৰু দুৰ্বল
স্বাস্থ্য্যৰ অধিকাৰী হৈও যে এজন মানুহ নিজৰ আন্তৰিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত
বিৰল কৃতিত্বৰ অধিকাৰী হ'ব পাৰে ইংৰাজ লেখক ৰবাৰ্ট লুইচ
ষ্টিফেনচন তাৰ জলন্ত উদাহৰণ। ইংলেণ্ডৰ এডিনবাৰ্গত ১৮৫০ চনৰ ১৩ নৱেম্বৰত ৰবাৰ্ট
লুইচৰ জন্ম। তেওঁৰ দেউতাকৰ নাম থমাচ ষ্টিফেনছন আৰু মাকৰ নাম মাৰ্গাৰেট ইছাবেলা
বৰফৰ আছিল। লুইচ একেধাৰে ঔপন্যাসিক, কবি, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ
কাহিনী লেখক আছিল। ল'ৰালিৰে পৰাই দুৰ্বল স্বাস্থ্যৰ অধিকাৰী হ'লেও
এক অনিসন্ধিৎসু মনৰ গৰাকী আছিল লুইচ। অন্যান্য ল'ৰা-ছোৱালীৰ দৰে
মাক-দেউতাকে তেওঁক ১৮৫৭ চনত এডিনবাৰ্গৰ হেণ্ডাৰছন'চ নামৰ
বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল, কিন্তু দুৰ্বল স্বাস্থ্যৰ কাৰণে কেই সপ্তাহমান
পাছতে তেওঁ ঘৰলৈ আহিব লগা হয় আৰু ১৮৫৯ চনৰ আগত তেওঁ স্কুললৈ যাব নোৱাৰা হয় ।
তেওঁৰ এই অনুপস্থিতিৰ সময়ছোৱা তেওঁক ঘৰতে শিকোৱা হৈছিল। ১৮৬১ চনৰ অক্টোবৰ মাহত
তেওঁক এডিনবার্গ একাডেমিত নাম লগাই দিয়ে আৰু তাত তেওঁ ১৫ মাহ কাল অধ্যয়ন কৰে।
১৮৬৩ চনত ৰবাৰ্ট থমাচনামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত তেওঁক নাম লগাই দিয়ে।
১৮৬৭ চনত ১৭ বছৰ বয়সত তেওঁক এডিনবার্গ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিয়া হয়।
স্বাস্থ্য দুৰ্বল হ'লেও এডিনবার্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কালত
তেওঁ লগ-সমনীয়াৰ লগত খেল-ধেমালি আৰু ৰং-ৰহইচ কৰি সময় পাৰ কৰিছিল। তেওঁৰ মুখৰ পৰা
কেতিয়াও হাঁহি নুগুচিছিল। স্কুলীয়া শিক্ষাৰ সমান্তৰালভাবে তেওঁ নিয়মীয়াভাবে
লিখা-মেলাৰ বাবেও অধ্যৱসায় কৰিছিল। স্মর্তব্য যে, দুর্বল
স্বাস্থ্যৰ কাৰণে ১৭ বছৰ বয়সলৈকে তেওঁ নিয়মীয়াভাবে বিদ্যালয়লৈ গৈ লিখা-পঢ়া
শিকিব পৰা নাছিল।
লুইচৰ পূৰ্বপুৰুষসকল ‘লাইট
হাউছ’ৰ কামত নিয়োজিত আছিল আৰু লুইচৰ দেউতাক থমাচ ষ্টিফেনছন এগৰাকী
লাইটহাউছ অভিযন্তা আছিল। গতিকে দেউতাকে লুইচক লাইট হাউছৰ কামত নিয়োগ কৰাৰ
উদ্দেশ্যে চিভিল ইঞ্জিনিয়াৰিঙত ভৰ্তি কৰি দিছিল। কিন্তু কাৰিকৰী শিক্ষাত লুইচে
সমূলি মন বহুৱাব নোৱাৰিলে। কাৰিকৰী শিক্ষাতকৈ সাহিত্য চৰ্চাৰ প্ৰতিহে তেওঁৰ আগ্ৰহ আছিল
অধিক। সেয়ে তেওঁ আধাতে ইঞ্জিনিয়াৰিঙৰ শিক্ষা সামৰিব লগা হয়। ফলত দেউতাকে তেওঁক ২১
বছৰ বয়সত আইন কলেজত ভৰ্তি কৰি দিয়ে । চাৰি বছৰ পাছত তেওঁ আইনৰ শেষ পৰীক্ষাত
সুখ্যাতিৰে উত্তীৰ্ণ হৈ আইনৰ ব্যৱসায় আৰম্ভ কৰে। কিন্তু আইনৰ ব্যৱসায়তকৈ সাহিত্য
চৰ্চাৰ প্ৰতিহে তেওঁ অধিক মনোযোগী আছিল।
লুইচৰ সাহিত্যিক জীৱনৰ আৰম্ভণি সমূলি
সুখৰ নাছিল । কাৰণ প্ৰথমাৱস্থাৰ লেখনিসমূহ মুঠেই ভাল হোৱা নাছিল। সেয়ে তেওঁ তেওঁৰ
লেখনিসমূহ বন্ধু-বান্ধৱকো দেখুৱাবলৈ লাজ কৰিছিল। কিন্তু নেৰানেপেৰা চেষ্টা আৰু
অধ্যৱসায়ৰ ফলত ক্ৰমান্বয়ে তেওঁৰ লেখনিসমূহ উন্নত হ'বলৈ ধৰে। ১৮৭৬
চনত তেওঁ এখন প্ৰৱন্ধৰ কিতাপ প্ৰকাশ কৰে। প্ৰৱন্ধবোৰ প্ৰকাশৰ পাছত তেওঁ
বন্ধু-বান্ধৱৰ পৰা প্ৰশংসা বুটলাৰ লগতে পাঠক সমাজত পৰিচিতি লাভ কৰিবলৈ সক্ষম হয়।
ফলত তেওঁ সাহিত্য সাধনাৰ প্ৰতি অধিক উৎসাহিত হৈ উঠে।
লুইচ কেভেনিচ আৰু বেলজিয়ামলৈ ভ্ৰমণ
কৰিবলৈ যায় ৷ ভ্ৰমণৰপৰা উভতি আহি তেওঁ ‘দেশ ভ্ৰমণ’ আৰু পংগু সংগী’নামৰ
দুখন সৰু সৰু পুস্তিকা প্রকাশ কৰে। পুস্তিকা দুখন প্ৰকাশৰ পাছৰ পৰা বাতৰি কাকত আৰু
আলোচনীত তেওঁৰ দুই এটাকৈ লেখা প্ৰকাশ হ'বলৈ ধৰে। লুইচে এবাৰ ফ্ৰান্স ভ্ৰমণ
কৰিবলৈ গৈছিল আৰু তাতে তেওঁ কেলিফর্নিয়াৰ এগৰাকী ভদ্ৰ মহিলাক লগ পাইছিল। ভদ্র
মহিলাগৰাকীৰ গুণ-গৰিমা আৰু ৰূপ-লাৱণ্যত মোহিত তেওঁ মহিলাগৰাকীক বিয়া কৰোৱাৰ বাবে
সিদ্ধান্ত লয়। সেয়ে মহিলাগৰাকী নিজ দেশলৈ উভতি যোৱাৰ পাছত তেওঁ মহিলাগৰাকীক লগ
কৰিবলৈ কেফির্নিয়ালৈ যোৱাৰ সিদ্ধান্ত লয়।
কেলিফোর্নিয়ালৈ যোৱাৰ কাৰণে লুইচৰ
হাতত পৰ্যাপ্ত টকা-পইচা নাছিল। সেয়ে তেওঁ বিনা পইচাত ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লয়
আৰু সিদ্ধান্ত অনুসৰি পমুৱাসকলৰ লগত ৰে'ল আৰু জাহাজত কষ্টসাধ্য যাত্ৰা আৰম্ভ
কৰে। ফলত আধা বাটতে তেওঁৰ স্বাস্থ্য ভাঙি পৰে আৰু তেওঁ নৰিয়াত পৰে ৷ এগৰাকী সদাশয়
বৃদ্ধৰ সেৱা-শুশ্রূষাৰ ফলত তেওঁ ৰোগৰপৰা আৰোগ্য হৈ কেলিফোর্নিয়ালৈ যায় আৰু
মহিলাগৰাকীৰ লগত বিবাহপাশত আৱদ্ধ হয়।
কেলিফোর্নিয়াত কিছুদিন কটোৱাৰ পাছত
তেওঁ স্কটলেণ্ডলৈ যায় আৰু স্কটলেণ্ডৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰ ৰম্যভূমি
ছুইজাৰলেণ্ডলৈ যায়। ছুইজাৰলেণ্ডৰ ডাভোচত কিছুদিন কটোৱাৰ পাছত তেওঁ পুনৰ
স্কটলেণ্ডলৈ আহে। স্কটলেণ্ডৰ সেমেকা জলবায়ুত তেওঁৰ স্বাস্থ্য ভাঙি পৰে আৰু দিনৰ
অধিকাংশ সময় তেওঁ বিছনাত পৰি থাকিব লগা হয়। বিছনাত পৰি থকা অৱস্থাতে তেওঁ
কিছুমান আচৰিত ধৰণৰ গল্প লেখি গ্রন্থাকাৰে প্ৰকাশ কৰে ৷
ইয়াৰ পাছত তেওঁ ডাভোচ, আইচি,
নাইচ আদি ঠাইত বসবাস কৰে। এই কালছোৱাত তেওঁ অধিক অসুস্থ হৈ পৰে। ফলত
ভগ্ন স্বাস্থ্য লৈ তেওঁ ইংলেণ্ডলৈ যায়। ইংলেণ্ডত থকা অৱস্থাত তেওঁ শিশুৰ মৌকোঁহ
আৰু ‘ডাঃ জেকিল আৰু মিষ্টাৰ হাইদ' নামেৰে এখন গ্ৰন্থ লেখি উলিয়ায়।
গ্ৰন্থখন প্ৰকাশৰ পাছতে লেখক হিচাপে তেওঁৰ খ্যাতি আৰু যশস্যা চৌদিশে বিয়পি পৰে ।
আমেৰিকালৈকো তেওঁৰ খ্যাতি প্ৰসাৰিত
হৈছিল। আমেৰিকাৰ এজন ধনাঢ্য ব্যক্তিয়ে লুইচৰ লেখাৰ শৈলী আৰু সাৱলীল ভাৱব্যঞ্জক
ভাষাত মুগ্ধ হৈ সমুদ্ৰ ভ্ৰমণ কৰি এটি ভ্রমণ কাহিনী লেখিবলৈ অনুৰোধ জনাই তেওঁলৈ ৩০
হেজাৰ টকা আগবঢ়ায়। ব্যক্তিগৰাকীৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সপৰিয়ালে দক্ষিণ সাগৰ
ভ্ৰমণলৈ যায় আৰু মহাসাগৰৰ বুকুত ভ্ৰমণ কালৰ অভিজ্ঞতা আৰু অনুভূতিসমূহৰ আলমত এটি
ভ্রমণ কাহিনী লেখি উলিয়ায়। সমুদ্র ভ্ৰমণ কৰাৰ ফলত লুইচৰ স্বাস্থ্যৰো বহুখিনি
উন্নতি হৈছিল।
কিতাপ লেখি পোৱা ধনেৰে লুইচে ডাভোচত
এখন বাগান কিনি থাকিবলৈ লয়। তেওঁৰ বাগানখনৰ নাম আছিল ভিলিমা। বাগানখন কিনাৰ পাছত
লুইচে লেখা-মেলাৰ প্ৰতি অধিক মনোযোগ দিয়ে। লেখি লেখি আমনি লাগিলে তেওঁ বাগানখনলৈ
গৈ বহিছিল আৰু আনন্দত বিভোৰ হৈ পৰিছিল। কেইবছৰমানৰ ভিতৰত তেওঁ অসংখ্য মূল্যবান
গ্রন্থ লেখি উলিয়ায়। ফলত চৌদিশৰ পৰা জাউৰিয়ে জাউৰিয়ে প্ৰশংসাৰ বাণী আহিবলৈ
ধৰে। ট্ৰেজাৰ আইলেণ্ড, কিডনেপড, ডক্টৰ জেকিল
এণ্ড মিষ্টাৰ হাইদ, চাইল্ডচ গার্ডেন ভাবছেচ আদি তেওঁৰ উল্লেখযোগ্য
গ্রন্থ । তেওঁৰ গ্ৰন্থসমূহ বিশ্বৰ বহুকেইটা ভাষাত অনুবাদ হৈছে। অনুবাদৰ ফালৰ পৰা
তেওঁৰ গ্ৰন্থসমূহ বিশ্বৰ অন্যান্য লেখকসকলৰ গ্ৰন্থৰ ভিতৰত ছাব্বিছতম স্থানত আছে।
লুইচৰ চৰিত্ৰৰ এটা বিশেষ গুণ আছিল যে,
অভাৱ-অনাটন আৰু অসুস্থ অৱস্থাতো তেওঁৰ মুখৰ হাঁহি নুগুচিছিল।
সন্তুষ্টি আৰু প্ৰফুল্লতা আছিল তেওঁৰ আজীৱন সংগী। প্রফুল্লচিত্ত, নিঃস্বাৰ্থ
আৰু নিৰহংকাৰী হোৱাৰ কাৰণে অসুখীয়া দেহালৈয়ো তেওঁ সদায় সুখী আছিল। আনক প্রফুল্লতা প্ৰদান কৰাটোৱে জীৱনৰ ধৰ্ম
হোৱা উচিত বুলি তেওঁ বিশ্বাস কৰিছিল। এজন হাঁহিমুখীয়া মানুহৰ সাক্ষাৎ পোৱা আৰু
এশটা টকা পোৱা একেই সমান বুলি তেওঁ ভাবিছিল। তেওঁ কঠোৰ পৰিশ্ৰমী আছিল আৰু নৰীয়া গাৰে দিনে-নিশা
পৰিশ্ৰম কৰি সাহিত্য সাধনাত ব্যস্ত থাকিছিল। ফলত অত্যধিক পৰিশ্ৰমৰ কাৰণে তেওঁৰ
স্বাস্থ্য ভাঙি পৰে আৰু মাথোন ৪৪ বছৰ বয়সত ১৮৯৪ চনৰ ৩ ডিচেম্বৰত তেওঁ মৃত্যু বৰণ
কৰে।
অগ্রদূত-২১ জুন-২০১০
খলিল জিৱানৰ জীৱন আৰু কৰ্ম
বিশ্ববিশ্রুত কবি, লেখক
তথা চিত্রশিল্পী খলিল জিব্ৰানৰ জন্ম ১৮৮৩ চনৰ ৬ জানুৱাৰীত লেবাননৰ বিছাৰি নামৰ এখন
গাঁৱত এটি মেৰ’নাইট কেথলিক পৰিয়ালত। তেওঁৰ দেউতাকৰ নাম খলিল
আৰু মাকৰ নাম কামিলা। কামিলা এগৰাকী পুৰোতিৰ জীয়ৰী। কামিলাৰ প্রথম বিয়া হৈছিল
হান্না আবদেল ছালাম ৰাহমে নামৰ এজন লোকৰ লগত । প্রথম সন্তান পিটাৰৰ জন্মৰ পাছতে
তেওঁ দৰিদ্ৰতাৰ হেঁচাত স্ত্রী- পুত্ৰক নিজ দেশতে থৈ বিদেশলৈ যায় আৰু তাতে তেওঁ
মৃত্যু বৰণ কৰে । প্ৰথম স্বামীৰ মৃতুৰ পাছত কামিলাই প্রথম স্বামীৰ ককায়েক খলিলৰ
লগত বিবাহপাশত আৱদ্ধ হয়। তাতেই লেবাননৰ বেছাৰি চহৰত খলিল জিব্ৰানৰ জন্ম হয়।
জিব্ৰানৰ জন্মৰ চাৰি বছৰ পাছত ভনীয়েক মেৰিনা আৰু চুলতানাৰ জন্ম হয়। কিন্তু তাতো
দুর্ভাগ্যই কামিলাৰ লগ নেৰিলে। ১৮৯০ চনত জিব্ৰানৰ দেউতাক খলিলক বেছাৰিৰ এটি
ৰাজনৈতিক অপৰাধত
দোষী সাস্ত কৰি কাৰাদণ্ড বিহে। ফলত নিৰূপায় হৈ কামিলাই ১৮৯৫ চনৰ ২৫ জুনত পিটাৰসহ
চাৰিটা সন্তানৰ সৈতে লেবানন এৰি আমেৰিকালৈ প্ৰব্ৰজন কৰে।
আমেৰিকালৈ গৈ কামিলাই চাৰিটা সন্তানৰ
সৈতে বষ্টন চহৰৰ দক্ষিণ দিশত অৱস্থিত আমেৰিকাৰ দ্বিতীয় বৃহৎ ছিৰিয়ান-লেবানিছ
সম্প্রদায় অধ্যুষিত এটি বস্তি এলেকাত বসবাস কৰিবলৈ লয়। তাতেই পাঁচ বছৰ বয়সত
জিৱানৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয়। মাকে তেওঁক ১৮৯৫ চনৰ ৩০ চেপ্তেম্বৰত কুইঞ্চি
নামৰ এখন বিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে। বিদ্যালয় কর্তৃপক্ষই তেওঁক ইংৰাজী
শিকাৰ কাৰণে বিশেষ শ্ৰেণীত ভৰ্তি কৰিছিল। তেওঁক চেটেলমেণ্ট হাউছৰ কাষত অৱস্থিত ডেনছন
হাউছ নামৰ কলাশিক্ষাৰ স্কুলতো ভৰ্তি কৰি দিয়া হৈছিল। স্কুলত পঢ়ি থাকোঁতেই
শিক্ষকসকলৰ জৰিয়তে জিব্রান বষ্টনৰ চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ
এভাণ্ট গাৰ্ডে আৰু প্ৰকাশক ফ্রেড হলেও ডে নামৰ দুগৰাকী ব্যক্তিৰ সান্নিধ্যলৈ আহে।
এই দুগৰাকী ব্যক্তিৰ প্ৰেৰণাতে তেওঁ ক'লা-সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ পৰে। ১৯৯৮
চনত জিব্ৰানে আঁকা কিছু ছবি কিতাপৰ বেটুপাতত ব্যৱহাৰ কৰা হয়।
১৮৯৮ চনত জিব্রান লেবাননৰ ৰাজধানী
বেৰুইটলৈ উভতি যায় আৰু তাত ‘মাদ্ৰাছাট-আল-হিগমাহ' নামৰ
কলেজত ভৰ্তি হয়। উক্ত কলেজত অধ্যয়নৰত অৱস্থাতে যক্ষ্মাৰোগত আক্ৰান্ত হৈ মাথোন
চৈধ্য বছৰ বয়সত ভনীয়েক চুলতানাৰ মৃত্যু হয়। ভনীয়েকৰ মৃত্যুৰ বাতৰি পাই তেওঁ
আমেৰিকালৈ গুচি আহে; কিন্তু দুখৰ বিষয় যে, ভনীয়েকৰ
মৃত্যুৰ এবছৰ পাছতে অলপ অগা-পিছাকৈ একে ৰোগত আক্ৰান্ত হৈ ককায়েক পিটাৰ আৰু মাকৰ
মৃত্যু হয়। কিছুদিন অগা-পিছাকৈ তিনিজন অতিকৈ আপোন মানুহৰ মৃত্যু হোৱাত জিব্রান
মানসিকভাবে বিপর্যস্ত হৈ পৰে।
জিব্ৰানৰ সাধনা একমাত্ৰ সাহিত্যৰ
ক্ষেত্ৰতে সীমাৱদ্ধ নাছিল। তেওঁ এগৰাকী দক্ষ ভাস্কৰ্য আৰু চিত্ৰশিল্পীও আছিল। ১৯০৪
চনত ‘ওৱেছলি কলেজ’ত ‘টেন জিটান
ইপষ্টিশ্বন ছোছাইটি’ৰ উদ্যোগত ডেইচ ষ্টুডিওত তেওঁৰ চিত্ৰসমূহৰ
প্ৰথম প্ৰদৰ্শনী পতা হয়। উক্ত প্ৰদৰ্শনীৰ সময়ত তেওঁ মেৰী এলিজাবেথ হাচকেল নামৰ
এগৰাকী নাৰীৰ সান্নিধ্যলৈ আহে আৰু তেওঁৰ অনুপ্ৰেৰণাতে ক'লা-সাহিত্যৰ
সাধনাত মনোনিৱেশ কৰে। মেৰী হাচকেল তেওঁতকৈ দহ বছৰৰ ডাঙৰ আছিল আৰু তেওঁলোকৰ
বন্ধুত্ব আজীৱন অটুট আছিল। প্ৰদৰ্শনী পতাৰ ক্ষেত্ৰত হাচকেলে জিব্রানক টকা-পইচা দি
সহায় কৰাৰ লগতে তেওঁৰ সকলো ইংৰাজী লেখা সম্পাদনা কৰি দিছিল ।
উক্ত প্রদর্শনীত প্রদর্শিত চিত্ৰসমূহৰ
বিশ্লেষণাত্মক আলোচনা ছোছাইটিৰ আলোচনী ‘দ্য আইৰিচ’ত প্ৰকাশ
পাইছিল। চিত্ৰসমূহৰ লগত শিলত কটা গছৰ ডাল-পাত, শিপাৰ ভাস্কৰ্য
শিল্পও প্ৰদৰ্শন কৰা হৈছিল উক্ত প্রদর্শনীত। শিলত খোদিত ভাস্কর্য শিল্পৰ নিখুঁত
চিত্ৰই জনগণৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
১৯০৫ চনত আমিন গেৰিয়েৰ নামৰ এজন লোকে
তেওঁৰ তিনিটা গল্পৰ এটি সংকলন ‘ বাৰ্ডচ অফ দ্য প্রেইৰ' (Birds of the praire) প্ৰকাশ
কৰে। শেষত এই সংকলনটো ‘নিমচ অফ দ্য ভেলী (Nymphs of the valley) নামেৰে জনাজাত হৈ পৰে।
১৯০৮ চনত ক’লাশিক্ষাৰ বাবে
দুবছৰৰ কাৰণে জিব্রান ফ্ৰান্সৰ পেৰিছলৈ যায় আৰু তালৈ যোৱাৰ পাছত তেওঁৰ দ্বিতীখন
গ্ৰন্থ 'স্পিৰিট অফ ৰেবেলিয়নচ’(Spirits of Rebelions) প্রকাশ পায়। ধৰ্মান্ধতা আৰু
অন্ধবিশ্বাসৰ আধাৰত ৰচিত গ্ৰন্থখন চিৰিয়া চৰকাৰে নিষিদ্ধ কৰে। তথাপি গোপনে ২০০ খন
গ্ৰন্থ বিক্ৰী হয়। গ্ৰন্থখনৰ প্ৰতি ধর্মযাজকসকল ইমানেই বিদ্বেষী হৈ উঠিছিল যে,
তেওঁলোকে জিব্রানক সমাজচ্যুত কৰিবলৈ সিদ্ধান্ত লৈছিল। শেষমুহূৰ্তত
অৱশ্যেতেওঁক সমাজচ্যুত কৰিব নোৱাৰিলে; কিন্তু গ্ৰন্থখনক নিষিদ্ধ গ্ৰন্থৰূপে
ঘোষণা কৰি বেইৰটৰ বজাৰত ৰাজহুৱাভাবে দাহ কৰিলে। ১৯০৯ চনত ১৮ বছৰ বয়সত জিব্ৰানে লগ
পোৱা প্ৰেয়সী চেলমা কালামিৰ প্ৰেমৰ অনুভূতিৰ আধাৰত লেখা ‘ব্রকেন উইংগচ'
(Broken wings) নামৰ
আন এখন গ্ৰন্থ প্ৰকাশ কৰে। ১৯১৪ চনত ‘টিয়াৰ্চ এণ্ড লাফটাৰ' (Tears and Laughter)নামেৰে
জনাজাত ৩১ টা কবিতাৰে সমৃদ্ধ ‘টিয়াচ এণ্ড স্মাইল' (Tears and Smiles) নামৰ
কবিতা পুথিখন প্ৰকাশ কৰে। এইখন আছিল সমাজ চেতনামূলক কাব্যগ্রন্থ। কবিতাসমূহৰ
জৰিয়তে তেওঁ দেশৰ মানুহক জাগি উঠাৰ কাৰণে উদাত্ত কণ্ঠত আহ্বান জনাইছিল।
জিব্ৰানৰ আন এখন গ্রন্থ ‘মেড
মেন’(Mad man)১৯১৮
চনত প্ৰকাশ পায়। গ্ৰন্থখন প্ৰকাশৰ লগে লগে ৰূপকথাৰ নায়কৰ দৰে তেওঁ সমগ্ৰ
আমেৰিকাত জনাজাত হৈ পৰে। ইয়াৰ এবছৰ পাছত অৰ্থাৎ ১৯১৯ চনত আৰবী ভাষাত লিখা ‘দ্য
প্রছেছন' (The
procession) নামৰ আন এখন কাব্যগ্রন্থ প্রকাশ পায়। ১৯২৩ চনত
‘দ্য প্রফেট' (The
Prophet)নামৰ আন এখন বিতর্কিত গ্রন্থ প্রকাশ পায়। গ্ৰন্থখনৰ জৰিয়তে তেওঁ
মানুহৰ মনত আত্মপ্রত্যয়ৰ ভাৱনা জাগ্ৰত কৰি জীৱনটোক অনুপ্ৰাণিত কৰাৰ কাৰণে প্ৰয়াস
কৰিছিল।
১৯২৬ চনত যীশুখ্ৰীষ্টৰ জীৱন আৰু দৰ্শনৰ
আধাৰত ধৰ্মীয় আদৰ্শৰ ওপৰত লিখা যেছাছ দ্য ছন অফ মেন’(Jesus the son man) নামৰ
গ্ৰন্থখন প্ৰকাশ পায়। গ্ৰন্থখনত যীশুক ৭০ টা চৰিত্ৰৰ মাজেৰে বিভিন্ন দৃষ্টিকোণৰ
পৰা আলোকপাত কৰা হৈছে। গ্ৰন্থখন জিৱানৰ উল্লেখযোগ্য গ্রন্থসমূহৰ ভিতৰত অন্যতম।
গ্রীক, ৰোমান, ফৰাচী আদি দেশৰ মানুহৰ পৰাও গ্ৰন্থখনে সমাদৰ
বুটলিবলৈ সক্ষম হৈছিল। একেটা বছৰতে প্ৰকাশ পোৱা ‘ছেণ্ড এণ্ড ফম'
(Sand and Foam) নামৰ
গ্ৰন্থখনো তেওঁৰ আন এখন উল্লেখযোগ্য গ্রন্থ।
জিব্ৰানৰ সাধনা একমাত্ৰ সাহিত্যৰ
ক্ষেত্ৰতে সীমাৱদ্ধ নাছিল । তেওঁ এগৰাকী দক্ষ ভাস্কৰ্য আৰু চিত্ৰশিল্পীও আছিল।১৯০৪
চনত ওৱেলেছলি কলেজ’(Wallesely
college)ত ‘টেন জিটান ইপষ্টিয়ন ছোছাইটি' (Tan Zetan Epstion Society)ৰ
উদ্যোগত ডেইচ ষ্টুডিওত তেওঁৰ চিত্ৰসমূহৰ প্ৰথম প্ৰদৰ্শনী পতা হৈছিল। ছোছাইটিৰ
আলোচনী ‘দ্য আইৰিচ’(The Iris)ত চিত্ৰসমূহৰ বিশ্লেষণাত্মক আলোচনাও
প্রকাশ পাইছিল। চিত্ৰসমূহৰ লগত শিলত কটা গছৰ ডাল-পাত, শিপাৰ ভাস্কৰ্য
শিল্পও প্ৰদৰ্শন কৰা হৈছিল উক্ত প্রদর্শনীত। শিলত খোদিত ভাস্কর্য শিল্পৰ নিখুঁত
চিত্ৰই জনগণৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
১৯৩১ চনৰ এপ্ৰিল মাহৰ ১০ তাৰিখত
নিউইয়র্কৰ গ্রীন হাউছ ভেলীৰ ছেইণ্ট ভিনছেণ্ট হাস্পতালত মাটি আৰু মানুহৰ কবি খলিল
জিব্ৰানৰ দেহাৱসান হয়। মৃত্যুৰ দুবছৰ পাছত ‘দ্য গাডেন অফ
দ্য প্রফেট' (The Garden
of the Prophet ) নামৰ গ্ৰন্থখন প্ৰকাশ পায় ।
খলিল জিব্ৰানে মানুহৰ গান গাইছিল।
তেওঁৰ কবিতাৰ ছত্রে ছত্ৰে প্ৰকাশ পাইছিল প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ নিখুঁত চিত্র।
লেবাননৰ বসন্ত, টিউলিপ ফুলৰ সৌন্দৰ্য, কুঁৱলী, গছ-গছনি
আদি জীৱন্ত হৈ উঠিছিল তেওঁৰ কবিতাৰ ছত্রে ছত্রে। জীৱনৰ গভীৰ উপলব্ধি প্রস্ফুটিত হৈ
উঠিছিল তেওঁৰ কবিতাৰ মাজত। শ্বেকচপিয়েৰ আৰু লাউজিৰ পাছতে জিৱানৰ কবিতাসমূহ
সৰ্বকালৰ তৃতীয় অধিক বিক্ৰী হোৱা কবিতা । সেয়ে জিব্রান মৰিও অমৰ হৈ আছে তেওঁ
কবিতাৰ ছন্দত, মানুহৰ হৃদয়ত।
এদিনৰ সংবাদ-২১ ডিচেম্বৰ-২০১০
জাঁ পল ছাত্রে
ফ্ৰান্সৰ দাৰ্শনিক সাহিত্যিক জাঁ পল
ছাত্রে(Sartre)ৰ জন্ম ১৯০৫ চনৰ ২১ জুনত ফ্ৰান্সৰ পেৰিছ নগৰীত
। তেওঁৰ দেউতাকৰ নাম জাঁ বেপটিষ্ট ছাত্ৰে আৰু মাকৰ নাম আছিল আন্নে-মেৰী ছুইচটজাৰ।
তেওঁৰ দেউতাক বৃত্তিত ফ্ৰান্সৰ নৌবাহিনীৰ এগৰাকী বিষয়া আছিল । ছাৰ্ভেৰ দুই বছৰ
বয়সত দেউতাক জাঁ বেপটিষ্ট ছাৰ্ভেৰ মৃত্যু হয়। গিৰিয়েকৰ মৃত্যুৰ পাছত আন্নে মেৰী
শিশু ছাত্ৰেক লৈ মেউডিনলৈ আহি মাক-দেউতাকৰ লগত থাকিবলৈ লয়। ফলত ছাৰ্ভে জীৱনৰ
প্ৰথম দহ বছৰ মাতামহ মসিয়েঁ চাৰ্লচ ছুইটজাৰৰ তত্ত্বানধানত ডাঙৰ-দীঘল হয়। মসিয়েঁ
চাৰ্লচ ছুইটজাৰৰ বৃত্তিত এগৰাকী শিক্ষক আছিল। তেওঁ ঘৰতে ছাত্ৰেক গণিত আৰু সাহিত্যৰ
শিক্ষা দিছিল। জাঁ বেপটিষ্ট ছাৰ্ডেৰ বৃহৎ লাইব্ৰেৰী আছিল । ছাত্ৰে শৈশৱতে সেই
লাইব্ৰেৰীৰ প্ৰায়বোৰ কিতাপে পঢ়ি শেষ কৰিছিল। ছাৰ্ভেৰ বাৰ বছৰ বয়সত মাকে পুনৰবাৰ
বিবাহপাশত আৱদ্ধ হয়। ফলত মাকৰ লগত তেওঁ সম্পৰ্কৰ কিছু অৱনতি ঘটে।
ছাত্ৰ হিচাপে ছাত্রে মেধাবী আছিল ।
হাইস্কুল আৰু কলেজীয়া শিক্ষাৰ অন্তত ছাত্ৰেই ১৯২৫ চনত ‘ফৰাচী বুদ্ধিজীৱীৰ
সুতিকাগাৰ' নামে খ্যাত ‘ইকোলে নৰমাল
ছুপিৰিয়ৰ' বিশ্ববিদ্যালয়ত দৰ্শন আৰু মনোবিজ্ঞান বিভাগত
ভর্তি হয়। বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ পৰীক্ষাত তেওঁ অকৃতকাৰ্য হৈছিল। অৱশ্যে
দ্বিতীয় বাৰ পৰীক্ষাত বহি তেওঁ ১৯২৯ চনত প্ৰথমস্থান অধিকাৰ কৰি কৃতকাৰ্য হৈছিল। ‘ইকোলে
নৰমাল ছুপিৰিয়ৰ'ত অধ্যয়ন কালত তেওঁৰ ‘ছিমন ডে
বিউভয়েৰ'ৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল আৰু তেওঁলোকৰ বন্ধুত্ব আজীৱন স্থায়ী
আছিল। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি ছাৰ্ভেই ফ্ৰান্সৰ সেনা বাহিনীত ১৯২৯ চনৰ পৰা
১৯৩১ চনলৈ দুবছৰ কাল কাৰ্যনিৰ্বাহ কৰে ।
১৯৩১ চনত ছাত্ৰে দৰ্শন বিভাগৰ অধ্যাপক
হিচাপে 'লা হার্ভে'ত যোগদান কৰে। ১৯৩২ চনত তেওঁ বৃত্তিলৈ
উচ্চশিক্ষাৰ বাবে জাৰ্মানীৰ বাৰ্লিনলৈ যায়। বাৰ্লিনলৈ যোৱাৰ পাছত তেওঁৰ জাৰ্মানীৰ
উচ্চস্তৰৰ দাৰ্শনিক হুৰ্ছাল আৰু হাইডেগাৰৰ লগত প্ৰত্যক্ষ যোগাযোগ হয় আৰু তেওঁলোকৰ
মাজত বন্ধুত্ব গঢ় লৈ উঠে। তেওঁ পুনৰ পেৰিছলৈ উভতি আহি ১৯৩৫ চনত পেৰিছৰ
লিচে হাভাৰেত শিক্ষকতা আৰম্ভ কৰে। ইয়াৰ মাজতে দ্বিতীয় মহাসমৰ আৰম্ভ হয় আৰু তেওঁ
ফৰাচী সেনাবাহিনীত এজন ‘মেটেৰোলজিষ্ট’ হিচাপে যোগদান
কৰে। ফলত তেওঁ ১৯৪০ চনত নাৎচি বাহিনীৰ হাতত বন্দী হ'ব লগা হয়।
কিন্তু অসুস্থতাৰ কাৰণে তেওঁক ন মাহ পাছতে মুক্তি দিয়ে। জাৰ্মানীৰ হাততবন্দী হৈ
থকা অৱস্থাতে তেওঁ ‘বাৰিওনা' নামৰ প্ৰথমখন
নাটক লিখি উলিয়ায়। তেওঁৰ অন্যান্য নাটক হ'ল- দি ফ্রাইজ,
নো একজিট, দি চেপেক্টেবল প্রষ্টিটিউট, ক্রাইম
পেচনেল আদি। তেওঁৰ প্ৰায়বোৰ নাটকেই মনস্তাত্বিক। তেওঁৰ নাটকবোৰত চিন্তাৰ গভীৰতা
আৰু স্পষ্টবাদীতাৰ ছাপ সুস্পষ্ট। নাটকৰ মাজেদি তেওঁ অস্তিত্ববাদৰ দাৰ্শনিক
ব্যাখ্যা আগবঢ়াই গৈছে।
জে’লৰ পৰা মুক্ত হৈ
ছাত্ৰে পেৰিছলৈ আহি স্বাধিকাৰ আন্দোলনৰ লগত জড়িত হৈ নাৎচি বিৰোধী এটি দলৰ লগত
যুক্ত হৈ পৰে। এই সময়ত ছাত্রেই লেখা-মেলাও চলাই গৈছিল। ১৯৪৪ চনত পেৰিছত
যুদ্ধাৱসান হয় আৰু তেওঁ আমেৰিকাৰ কেবাটাও বিশ্ববিদ্যালয়ত বক্তৃতা প্ৰদান কৰে।
ফলত তেওঁ উচ্চ প্রশংসিত হয় আৰু সৰ্বত্ৰ ছাৰ্ডেৰ সুনাম বিয়পি পৰে। এইদৰেই তেওঁ
এটা সময়ত সমগ্ৰ বিশ্বত খ্যাতিৰ শিখৰত আৰোহণ কৰে। তেওঁৰ বিখ্যাত গ্ৰন্থ ‘ল’
ত্রে এত্যু নিয়াত বা বিং এণ্ড নাথিংনেছ' ১৯৪৩ চনত
প্ৰকাশিত হয়। ইয়াৰ পাছত ১৯৪৫ চনৰ পৰা ১৯৪৯ চনৰ ভিতৰত তেওঁৰ দাৰ্শনিক মতবাদ ‘লেছ
ছেমিনচ্ দ্য লা লিবার্তে’ নামৰ গ্ৰন্থ তিনিটা খণ্ডত প্ৰকাশিত
হয়। ছাৰ্ভেৰ সমাজতান্ত্রিক মতবাদ ‘ক্রিতিক দ্য লা ৰেছ দিয়া লেক্তিক'
১৯৬০ চনত প্ৰকাশিত হয়। ১৯৭১ চনত প্রকাশিত হয় তেওঁৰ আত্মজীৱনী ‘ফ্লৰেয়াৰ'।
ব্যক্তি জীৱনত ছাত্ৰে পোনপটীয়াভাবে
কোনো সমাজতান্ত্রিক দলৰ লগত জড়িত নাথাকিলেও তেওঁৰ লেখনিসমূহত সমাজতান্ত্রিক ধাৰাৰ
প্ৰতি প্ৰচ্ছন্ন সমর্থন থকা দেখা যায়। নিজৰ স্বতন্ত্ৰ ৰাজনৈতিক বিশ্বাস আৰু
স্পষ্টবাদীতাৰ কাৰণে তেওঁ মাজে-সময়ে সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল।
তেওঁ আলজেৰিয়াত ফৰাচী আগ্ৰাসন আৰু আমেৰিকাৰ ভিয়েতনাম আক্ৰমণৰ কট্টৰ সমালোচক
আছিল। বহুবাৰ তেওঁ পুঁজিবাদী আৰু সমাজতান্ত্ৰিক সকলৰ বিৰাগভাজনো হ'ব
লগা হৈছিল। এনেকি তেওঁক হত্যাৰ চেষ্টাও চলোৱা হৈছিল।
ছাত্ৰেই তেওঁৰ জীৱন কালত বহু কেইখন
গ্ৰন্থ ৰচনা কৰি থৈ গৈছে আৰু গ্ৰন্থসমূহে তেওঁক বিশ্বব্যাপী খ্যাতিৰ শিখৰত আৰোহণ
কৰাইছে। তেওঁৰ গ্ৰন্থসমূহ হ'ল- ১৯৩৮ চনত প্ৰকাশ হোৱা উপন্যাস ‘লা
নাজি’, দ্য মূৰ, দ্য ফ্লাইজ, নো এক্সিট,
দ্য এজ অৱ ৰিজন, দ্য চেপেক্টফুল প্রষ্টিটিউট, দ্য
ভিক্টচ, দ্য চিপচ আৰ ডাউন, ইন দ্য ম্যাচ, ডার্টি হেণ্ডচ,
ট্রাবলড পি, দ্য ডেভিল এণ্ড দ্য গুড লর্ড, কিন,
দ্য কনডেমড অৱ আলটোনা, দ্য ট্রোজান ওমেন, দ্য
ফ্রড ছিনাৰিও আদি। এইবোৰ ছাৰে উপন্যাস, নাটক আৰু চুটি গল্পৰ তালিকা। ইয়াৰ
উপৰিও যিবোৰ প্ৰৱন্ধ আৰু সমালোচনা লিখি ছাৰ্ভে পাঠকৰ পৰা প্ৰশংসা বুটলিলৈ সক্ষম
হৈছিল সেইবোৰ হ'ল- ইমেজিনেশন, এ ছাইকোলজিকেল
ক্রিটিক, দ্য ট্রানছেণ্ডেন্স অৱ দ্য ইগো, স্কেচ ফৰ এ
থিওৰি অৱ দ্য ইমোশ্বনচ্, দ্য ইমেজিনাৰি, বিং এণ্ড
নাথিংনেছ, এক্সিচটেশিয়ালিজম ইজ এ হিউমেনিজম, ছাৰ্জ ফৰ এ মেথড,
ক্রিটিক অৱ ডায়ালেটিকেল ৰিজন, এণ্টি ছেমাইট
এণ্ড জিউ, বদলেয়াৰ, ছিচুয়েশ্বন ছিৰিজ (একৰ পৰা দহলৈ),ব্লেক
অৰফিউজ, দ্য হেনৰি মাৰ্টিন এফেয়াৰ আদি। ইয়াৰ উপৰিও ছাত্ৰেৰ আত্মজীৱনীমূলক
গ্রন্থৰ ভিতৰত আছে- ছাৰ্ভে বাই হিমছেলফ্, দ্য ওয়ার্ডচ, উইটনেছ টু মাই
লাইফ কোৱায়েট মোমেণ্টচ ইন এ ওয়াৰ, ওয়াৰ ডায়চি। ছাত্রেই ‘হোৱাট
ইজ লিটাৰেচাৰ' নামৰ এখন সমালোচনামূলক গ্ৰন্থ ৰচনা কৰি গৈছে।
গ্ৰন্থখনত আধুনিক সমাজত লেখকৰ স্থান কি হোৱা উচিত এই বিষয়ে আলোচনা কৰিছে।
ছাৰ্ত্তেৰ মতে একমাত্ৰ ৰস সৃষ্টিৰ বাবেই লেখকে সাহিত্য সৃষ্টি কৰিব নালাগে,
লেখকসকলে সামাজিক নৈতিকতাৰ প্ৰতি দায়ৱদ্ধ হৈ সাহিত্য সৃষ্টি কৰা
উচিত।
ছাত্ৰে আৰু বোভেয়াৰ লগ হৈ ‘লেছ
ভেজপচ মোদাৰনেছ’নামেৰে মাহিলি পত্রিকা উলিয়াইছিল। পত্রিকাখনে
তেতিয়া বিপুল জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
বহুমুখী প্ৰতিভাৰ কাৰণে ছাৰ্ভেক ১৯৬৪
চনত সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল, কিন্তু
বিশ্ববাসীক স্তম্ভিত কৰি ব্যক্তিগত কাৰণত তেওঁ সেই বঁটা গ্ৰহণ কৰা নাছিল । কাৰণটো
স্পষ্ট নহ'লেও তেওঁৰ বিবৃতিৰ পৰা তেতিয়া বহুতে ধাৰণা কৰিছিল যে, তেওঁ
নোবেল কমিটিৰ কাম-কাজ তথা বাচনি প্ৰক্ৰিয়াত সন্তুষ্ট নাছিল।
ফুচফুচ্ সংক্রান্ত জটিল ৰোগত আক্ৰান্ত
হৈ ১৯৮০ চনৰ ১৫ এপ্ৰিলত ৭৪ বছৰ বয়সত পেৰিছত ছাৰ্তে মৃত্যু বৰণ কৰে।
এদিনৰ সংবাদ- ৭ জানুৱাৰী-২০১১
কাজী নজৰুল ইছলাম
বিদ্রোহী কবি কাজী নজৰুল ইছলামৰ জন্ম
এটি মুছলমান পৰিয়ালত ইংৰাজী ১৮৯৯ চনৰ মে' মাহৰ ২৫ তাৰিখে তেতিয়াৰ অবিভক্ত বংগৰ
বৰ্ধমান জিলাৰ আচানচোল মহকুমাৰ চুৰুলিয়া নামৰ এখন গাঁৱত। তেওঁৰ পূৰ্বপুৰুষসকল
মুছলমান শাসন কালত পাটনাৰপৰা কাজী হিচাপে চুৰুলিয়ালৈ উঠি আহিছিল । কিন্তু নজৰুলৰ
জন্মৰ বহু আগতেই তেওঁলোকে কাজীৰ পদ আৰু জায়গীৰ হেৰুৱাই নিঃস্ব হৈ পৰিছিল। নজৰুলৰ দেউতাক
কাজী ফকীৰ আহমদ এগৰাকী দৰিদ্ৰ লোক আছিল। চাৰিজনী ছোৱালী এজন পুতেকৰ মাজত নজৰুল
দ্বিতীয় সন্তান আছিল। দুখীয়া হোৱাৰ কাৰণে দেউতাকে নজৰুলৰ নাম দুখু ৰাখিছিল আৰু
এই নামেৰেই তেওঁক ঘৰত সম্বোধন কৰা হৈছিল। অৱশ্যে ভুমিষ্ঠ হোৱাৰ পাছত মাক জাহিদা
খাতুনে নজৰুলৰ নাম তাৰাক্ষ্যাপা ৰাখিছিল। কাৰণ যিকোনো উপায়ে নজৰুলৰ মাক আৰু তেওঁৰ
পৰিয়ালৰ ওপৰত তান্ত্রিক বিশ্বাসৰ প্ৰভাৱ পৰিছিল আৰু মাকে তাৰাক্ষ্যাপা নামৰ
এগৰাকী তান্ত্ৰিক সন্ন্যাসীৰ ওচৰত এজন পুত্ৰ সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল।
প্ৰাৰ্থনা অনুসৰি পুত্ৰ সন্তান জন্ম হোৱাৰ কাৰণে কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে মাকে
উক্ত নাম ৰাখিছিল। দুখুৰ আঠ বছৰ বয়সত দেউতাকৰ মৃত্যু হয়। দীর্ঘকাল দৰিদ্ৰতাই
জুৰুলা কৰি ৰাখিলেও নজৰুল ল'ৰালিৰে পৰাই ধেমেলীয়া আৰু
হাঁহিমুখীয়া আছিল।
তেতিয়া চুৰুলিয়াত আৰবী আৰু পাৰ্ছী
শিকাৰ বাবে এখন মক্তৱৰ বাহিৰে বেলেগ কোনো বিদ্যালয় নাছিল। উক্ত মক্তৱত নজৰুলে
কাজী ফজল আহমদ নামৰ এগৰাকী সহৃদয় মৌলবীৰ ওচৰত পাৰ্চী আৰু আৰবী শিকিবলৈ লয়। দহ
বছৰ বয়সত নজৰুল নিন্ম প্রাথমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উত্তীৰ্ণৰ
পাছত তাতে তেওঁ এবছৰ শিক্ষকতাও কৰে। এজন সাধাৰণ গাঁৱলীয়া ল'ৰাৰ দৰেই নজৰুল
সৎ আৰু নিষ্ঠাৱান মুছলমান আছিল। ল'ৰালিত নজৰুলে হিন্দুসকলৰ ৰামায়ণ,
মহাভাৰত আৰু অন্যান্য পৌৰাণিক কাহিনীসমূহ মনযোগেৰে অধ্যয়ন কৰিছিল।
অধ্যয়নৰ সমান্তৰালভাবে তেওঁ সুযোগ পালেই ওচৰৰ মুছলমান চুফী ফকিৰ, বাউল,
দৰবেশ আৰু হিন্দু সাধুৰ ওচৰলৈ গৈছিল আৰু তেওঁলোকৰ কথা মনযোগেৰে শুনিছিল।
তেওঁৰ ধৰ্মীয় আবেগ সম্পর্ণৰূপে জন্মগত আছিল। ধৰ্মৰ প্ৰতি বৈষয়িক ধৰণৰ মনোভাব
তেওঁৰ কেতিয়াও নাছিল। বৈষয়িক কাম-কাজৰ প্ৰতিও তেওঁ উদাসীন আছিল। সাধাৰণতে তেওঁ
অমনযোগী ধৰণৰ আৰু স্বাধীনচেতিয়া চৰিত্ৰৰ অধিকাৰী আছিল। কিন্তু সত্যৰ প্ৰতি তেওঁৰ
অগাধ বিশ্বাস আছিল। ল'ৰালিত তেওঁ উৎপতীয়া স্বভাৱৰ আছিল আৰু লোকগীত
গাই খুউব ভাল পাইছিল। তেওঁলোকৰ গাঁৱত এটি লেটুৰ দল আছিল। লেটুৰ দলৰ প্ৰতি তেওঁ
খুবেই আকৰ্ষিত আছিল। সেয়ে তেওঁ নিয়মীয়াভাবে বিদ্যালয়লৈ যাব পৰা নাছিল। কাৰণ
ওচৰে-পাঁজৰে য'তেই লেটুগীত অনুষ্ঠিত হৈছিল, তাতেই
গৈ তেওঁ উপস্থিত হৈছিল। ফলত তেওঁৰ বিদ্যালয় ক্ষতি হৈছিল।
লেটুৰ দলে বিখ্যাত চর্যাগীত আৰু কবিগান
গাইছিল। দুয়োবিধ গীততে ইজনে সিজনৰ লগত গীত আৰু উপস্থিত বুদ্ধিৰ প্ৰতিযোগিতা
কৰিছিল। লেটুৰ দলত মাথোন গীত গোৱা সদস্যই নাছিল, প্ৰতিটো দলত
এজনকৈ শাস্ত্ৰজ্ঞ আৰু তত্ত্বজ্ঞান সম্পন্ন গীতিকাৰো আছিল। তেওঁক গোদাকবি বা মূল কবি বুলি কোৱা হৈছিল । গোদা কবিসকলে
তাৎক্ষণিকভাবে গীত ৰচনা কৰি বিপক্ষৰ গোদা কবিৰ গীত তথা প্ৰশ্নৰ উত্তৰ দিব লাগিছিল।
নজৰুলৰ এজন খুড়াক লেটু দলৰ সদস্য আছিল। তেওঁ ভতিজাকৰ গীতৰ প্ৰতি অনুৰাগ আৰু গীত
ৰচনাৰ প্ৰতিভালৈ লক্ষ্য কৰি নজৰুলক লেটু দলৰ সদস্য কৰি লৈছিল আৰু নিজৰ প্ৰতিভাৰ
বলত মাথোন চৈধ্য বছৰ বয়সতে নজৰুল দলৰ গোদা কবি হৈ পৰিছিল।
নজৰুলে গোদা কবি হিচাপে ৰচনা কৰা
গীতসমূহ তেতিয়াৰ লোকগীত বিশাৰদ আজহাৰ উদ্দিন খানে সংগ্ৰহ কৰি গাবলৈ আৰম্ভ কৰিছিল
আৰু গীতসমূহে সমগ্র বংগদেশতে জয়প্রিয়তা লাভ কৰিছিল। ফলত নজৰুল লোকগীতৰ প্ৰতি
অধিক আকৰ্ষিত হৈ গীত ৰচনাৰ প্ৰতি অধিক মনযোগী হৈ পৰে। লেটুৰ প্ৰদৰ্শন ঋতু ভিত্তিক
আছিল। মুকলি আকাশৰ তলত গীতসমূহ প্ৰদৰ্শন কৰা হৈছিল। ফলত গীতসমূহ প্ৰদৰ্শনৰ কাৰণে
শীতকালিহে প্রশস্ত আছিল।
তদুপৰি লেটুৰ দলৰ ভাগ্য শস্য উৎপাদনৰ
লগত জড়িত আছিল। শস্য উৎপাদন ভাল হ'লে লেটুগীতৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল
আৰু শস্য উৎপাদন বেয়া হ’লেসেই বছৰ লেটুগীতৰ জনপ্ৰিয়তা হ্ৰাস
পাইছিল। ফলত নজৰুলে লেটুৰ দলৰ মোহ ত্যাগ কৰি ৰে'লৰ জংচন আৰু
কয়লা খনিৰে সমৃদ্ধ আচানচোললৈ যায় আৰু তাত তেওঁ এজন ৰে'লৰ গাৰ্ডৰ
কোৱাৰ্টাৰত ঘৰুৱা লগুৱা হিচাপে কাম কৰিবলৈ লয়। কিন্তু কিছুদিন পাছতে লগুৱাৰ কাম
এৰি তেওঁ এটি বেকাৰীত ৰুটি সেকা কাম শিকিবলৈ লয়। বেকাৰীত থকা সময়ত তেওঁ অৱসৰ
সময় গীত গাই আৰু বাঁহী বজাই পাৰ কৰিছিল।
নজৰুল সুমধুৰ কণ্ঠৰ অধিকাৰী আছিল।
তেওঁৰ গীত আৰু বাঁহীৰ সুৰ শুনিবলৈ দোকানখনত মানুহ উবুৰি খাই পৰিছিল। সেইসকল
শ্ৰোতাৰ মাজত কাজী ৰফিজুল্লাহ নামৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক আছিল। নজৰুলৰ
প্ৰতিভাত মুগ্ধ হৈ ৰফিজুল্লাহই নজৰুলক ১৯১২ চনত মৈমন সিঙত থকা নিজৰ ঘৰলৈ লৈ আহে
আৰু তেওঁক দৰি ৰামপুৰ হাইস্কুলত ভৰ্তি কৰি দিয়ে। তেতিয়াৰ দিনত ছাত্ৰসকলে শিক্ষাৰ
কাৰণে মাচুল দিব লাগিছিল। ৰফিজুল্লাহৰ অনুৰোধত নজৰুলে বিনা মাচুলত পঢ়াৰ সুযোগ
পাইছিল। ছুটীৰ দিনত নজৰুলে ৰাস্তাৰ কাষত থকা পথাৰত বনকৰা ল'ৰাবোৰৰ লগত
খেল-ধেমালি কৰি, বিড়ি হুপি আৰু মাছ ধৰি সময় পাৰ কৰিছিল। তেওঁ
হালো বাইছিল ল'ৰাবোৰৰ লগত। তেওঁ নিজে ৰচনা কৰি গোৱা গীতসমূহ
শুনি ল'ৰাবোৰে খুবেই আমোদ পাইছিল ।
নজৰুল আছিল স্বভাৱ কবি। যিকোনো বিষয়
তেওঁ কবিতাৰ ভাষাত লেখিব পাৰিছিল। কথিত আছে যে, দৰি ৰামপুৰ
হাইস্কুলত পঢ়ি থকাৰ সময়ত তেওঁ বছৰেকীয়া পৰীক্ষাত এটি বাংলা ৰচনা সম্পূর্ণ
পদ্যাকাৰে লিখি শিক্ষকসকলক চমক লগাই দিছিল। এবছৰ অধ্যয়ন কৰাৰ পাছত তেওঁ দৰি
ৰামপুৰৰপৰা পুনৰ আচানচোললৈ আহে।
আচানচোললৈ আহি তেওঁ মেথ্রন নামৰ এখন
হাইস্কুলত ভৰ্তি হয়। কবি মুকুন্দ ৰঞ্জন দত্ত উক্ত হাইস্কুলৰ প্ৰধান শিক্ষক আছিল।
মুৰ্চিদাবাদৰ কাশিম বজাৰৰ প্রজাহিতৈষী মহাৰাজ মণিন্দ্ৰ চন্দ্ৰ নন্দীয়ে নিজৰ খৰচত
বিদ্যালয়খন পৰিচালনা কৰিছিল। তাত নজৰুলে বিনা মাচুলত পঢ়াৰ সুযোগ পোৱাৰ লগতে
অন্যান্য সুযোগ-সুবিধা পোৱাৰ আশা কৰিছিল যদিও মূৰত গৈ তেওঁৰ সেই আশা পূৰণ নহ'ল।
গতিকে তেওঁ কিছুদিন তাত অধ্যয়ন কৰাৰ পাছত ৰাণীগঞ্জৰ ছিয়াৰচোল ৰাজ হাইস্কুলত
অষ্টম শ্ৰেণীত ভৰ্তি হয়। ছিয়াৰচোল ৰাজ পূৰ্বৰ সামন্তীয় জমিদাৰ আছিল। তেওঁ
নজৰুলক বিনা মাচুলত পঢ়াৰ সুযোগ কৰি দিয়াৰ লগতে মুছলিম হোষ্টেলত থকা-খোৱাৰ
ব্যৱস্থাও কৰি দিছিল। মাহিলি সাত টকাকৈ বৃত্তি পোৱাৰ ব্যৱস্থাও কৰি দিছিল
ছিয়াৰচোল ৰাজে ।
ছাত্ৰ হিচাপে নজৰুল খুবেই মেধাৱী আছিল।
নিয়মীয়াভাবে অধ্যয়ন কৰাৰ ফলত তেওঁ বছৰেকীয়া পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ
শ্ৰেণীত প্রথম হয়। ফলত মেধাৰ ফালে লক্ষ্য কৰি ডাবল প্রমোচন দি তেওঁক দশম শ্ৰেণীলৈ
প্ৰমোচন দিয়া হয়। বিখ্যাত ঔপন্যাসিক আৰু চুটি গল্প লেখক শৈলজা নন্দ মুখোপাধ্যায়
ৰাণীগঞ্জৰে বেলেগ এখন বিদ্যালয়ৰ ছাত্ৰ আছিল। সাহিত্য চৰ্চাৰ জৰিয়তে উভয়ৰ মাজত
চিনাকি হয় আৰু প্ৰগাঢ় বন্ধুত্ব গঢ় লৈ উঠে। মৃত্যুৰ আগমুহূৰ্তলৈকে উভয়ৰ সেই
বন্ধুত্ব অটুট আছিল। আমোদজনক কথা যে, প্রথম চিনাকি হোৱাৰ সময়ত নজৰুলে
প্ৰৱন্ধ লেখিছিল আৰু শৈলজানন্দই কবিতা লেখিছিল। কিন্তু শেষলৈ গৈ সাহিত্য সৃষ্টিৰ
ক্ষেত্ৰত উভয়ে বিপৰীতমুখী হৈ পৰিছিল। অর্থাৎ নজৰুলে কবিতা ৰচনা কৰিছিল আৰু
শৈলজানন্দই গল্প, উপন্যাসৰ চৰ্চা কৰিছিল।
নজৰুলে অধ্যয়ন কৰা বিদ্যালয়খনত
নিবাৰণ চন্দ্ৰ ঘটক নামৰ এগৰাকী শিক্ষক আছিল। শিক্ষক গৰাকী যুগান্তৰ নামৰ সশস্ত্ৰ সংগঠন
এটাৰ সদস্য আছিল। বিদ্রোহীসকলক অস্ত্র যোগান ধৰাৰ অপৰাধত তেওঁৰ এগৰাকী খুড়ী জে'ললৈ
গৈছিল। তাইৰ নাম আছিল ডাকুৰী দেৱী। বিদ্ৰোহী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত জে'ললৈ
যোৱা তায়ে আছিল বংগদেশৰ প্ৰথম মহিলা। নজৰুলৰ দৈহিক বল আৰু স্বাধীনতাৰ প্ৰতি থকা
স্পৃহালৈ লক্ষ্য কৰি ঘটকে তেওঁক নিজৰ ফালে কাষ চপাই আনে। তেতিয়া পুর্ণোদ্যমে
প্রথম মহাসমৰ চলি আছিল । ব্ৰিটিছসকল সেই মহাসমৰত জড়িত হৈ পৰিছিল। ফলত
ভাৰতীয় বিপ্লৱীসকলৰ কাৰণে তেতিয়া সুদিন আছিল। তদুপৰি সেই সংকটৰ সময়ত ব্ৰিটিছ
চৰকাৰে ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে খাদ্য আৰু অস্ত্ৰ-শস্ত্ৰ নিয়াৰ প্ৰয়োজন হৈছিল।
ব্ৰিটিছ শাসন কালত বাঙালীসকলে ভাৰতীয় সেনা বাহিনীত খুবেই কম ভৰ্তি হৈছিল। ক'বলৈ
গ'লে, ব্ৰিটিছ সেনা বাহিনীত বাঙালীসকলৰ যোগদান প্রায়
নাছিলেই। গতিকে ব্ৰিটিছসকলে বাঙালীসকলক লৈ পৰীক্ষামূলকভাবে ‘ডাবল কোম্পানী'
গঠন কৰিব খুজিলে। পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ স্বাধীনতা যুঁজৰ কাৰণে সেনা
প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব বুলি ভাবি বাঙালীসকলে সেই আহ্বানত সঁহাৰি
জনাই ‘৪৯ নম্বৰ বেংগলী ৰেজিমেণ্ট’ত ভৰ্তি হ'বলৈ ধৰিলে।
নজৰুলৰ বয়স তেতিয়া মাথোন ওঠৰ বছৰ। ঘটকে নজৰুলক ডাবল কোম্পানীত যোগদান কৰিবলৈ
উৎসাহিত কৰিলে। সম্ভৱতঃ সিমান উৎসাহিত কৰাৰ প্ৰয়োজন হোৱা নাছিল, কাৰণ
নজৰুলৰ স্বাধীনতাৰ প্ৰতি থকা স্পৃহাই সেনা বাহিনীত যোগদানৰ কাৰণে যথেষ্ট আছিল।
স্বাধীনতা যুঁজৰ লক্ষ্য স্থিৰ কৰি দি নজৰুলৰ স্বাধীনতাৰ স্পৃহাক মাথোন সঠিক গতিহে
দিছিল ঘটকে। নজৰুলৰ কাৰণে সেয়াই আছিল এক দীর্ঘস্থায়ী প্ৰেৰণা। সময় বাগৰাৰ লগে
লগে সেই প্ৰেৰণাই উত্তৰোত্তৰ বৃদ্ধি পাইছিল।
সকলো ক্ষেত্ৰকে সামৰি লৈছিল নজৰুলৰ
সৃষ্টি কৰ্মই। বৈচিত্ৰ আৰু গভীৰতাৰে পূৰ্ণ আছিল নজৰুলৰ সৃষ্টি কৰ্ম। বিপ্লৱীসকলে
তেওঁৰ সৃষ্টি কৰ্মৰ মাজত বিচাৰি পাইছিল বিপ্লৱৰ প্ৰেৰণা, বৈষ্ণৱসকলে
বিচাৰি পাইছিল ৰাধা-কৃষ্ণৰ প্ৰেমলীলা, শাক্তসকলে শ্যামা সংগীতৰ ভেলত উঠি
শ্যামা মাতৃৰ চৰণত ৰক্তজবা উছৰ্গা কৰাৰ বাবে প্ৰেৰণা পাইছিল। মুছলমানসকলে ঈদৰ
প্ৰথম জোন প্ৰত্যক্ষ কৰি বিচাৰি পাইছিল আনন্দত আত্মহাৰা হোৱাৰ ভাষা। প্ৰেমিকসকলে
বিচাৰি পাইছিল প্ৰেমৰ ভাষা। তেওঁৰ সুখৰ গানে মানুহক হঁহুৱাইছিল আৰু দুখৰ গানে
কন্দুৱাইছিল। দেশাত্মবোধক গীতে দেশভক্তসকলক উদ্বুদ্ধ কৰিছিল। অৱশ্যে এইটো ঠিক যে,
তেওঁৰ সময়ৰ প্ৰায় সকলো শিল্পীয়ে এইবোৰ গুণৰ অধিকাৰী আছিল ।
চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নজৰুলে ১৯১৭ চনত সেনা বাহিনীত ভৰ্তি হৈ
উত্তৰ-পশ্চিম সীমান্তলৈ যায় আৰু পাছলৈ তেওঁক ৰেজিমেণ্টৰ সৈতে কৰাচীলৈ স্থানান্তৰ
কৰে আৰু ১৯১৭ চনৰ পৰা ১৯১৯ চনলৈ তেওঁ কৰাচীত থাকে। তেওঁক সেনাৰ হাবিলদাৰ পদলৈ
পদোন্নতি দিয়া হৈছিল। হাবিলদাৰ পদ তেতিয়া বিষয়া পৰ্যায়ৰ আছিল।
কৰাচীত থাকোঁতে তেওঁ অৱসৰ সময়ত এগৰাকী
মৌলবীৰ ওচৰত পাৰ্চী ভাষা শিকিছিল আৰু পাৰ্চী কবিতাৰ বিষয়ে চৰ্চা কৰিছিল। ফলত
তেওঁৰ পাৰ্চী ভাষা আৰু জ্ঞানৰ পৰিধি যথেষ্ট বৃদ্ধি পাইছিল। তেওঁ মাজে-সময়ে
প্ৰৱন্ধ লেখিছিল আৰু গীতো ৰচনা কৰিছিল। তেওঁ হাফিজৰ ‘ৰুবাইত’ৰ
অনুবাদৰ কামো আৰম্ভ কৰিছিল। কিন্তু ৰুবাইতৰ কাম আধৰুৱা হৈ থকাৰ কাৰণে তেওঁ তেতিয়া
ৰুবাইতখন প্ৰকাশ কৰিব পৰা নাছিল। ১৯৩০ চনতহে ৰুবাইতখন প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।
মাজে-সময়ে তেওঁ লগৰীয়াসকলক কবিতা আবৃত্তি কৰি আৰু গীত গাই শুনাইছিল। কবিতা
আবৃত্তি আৰু গীত শুনি লগৰীয়াসকল খুবেই উদ্বুদ্ধ হৈছিল। মুকলি-মূৰীয়া আৰু স্বাধীন
চেতিয়া মনোভাবৰ কাৰণে লগৰীয়াসকলে নজৰুলক খুবেই ভাল পাইছিল।
১৯১৯ চনৰ মে' মাহত কলিকতাৰ
পৰা প্ৰকাশিত আৰু মোল্লা নাছিৰুল্লাহৰ দ্বাৰা সম্পাদিত ‘সওগাত'ৰ
প্ৰথম সংখ্যাত নজৰুলৰ ‘বাউণ্ডেলেৰ আত্মকথা' নামৰ চুটি
গল্পটো প্ৰকাশ পায়। ‘বংগীয় মুছলমান সাহিত্য পত্রিকা' নামৰ
এটি তিনিমহীয়া পত্ৰিকাত প্ৰায় একে সময়তে তেওঁৰ ‘মুক্তি’ নামৰ
এটি বর্ণনাত্মক কবিতা প্রকাশ পায়। এইটোৱে আছিল নজৰুলৰ প্ৰথম প্ৰকাশিত কবিতা।
পত্রিকাখন বংগীয় সাহিত্য সমিতিৰ পৃষ্ঠপোষকতাত প্ৰকাশিত হৈছিল। মুক্তি কবিতাটো
ৰাণীগঞ্জৰ পটভূমিত ৰচনা কৰা হৈছিল আৰু এগৰাকী ফকিৰৰ জীৱন- মৃত্যুৰ ওপৰত আধাৰিত
আছিল। কবিতাটো প্ৰকৃততে নজৰুলৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত আছিল ।
কবিতাটোৰ জৰিয়তে বিখ্যাত মার্ক্সবাদী
নেতা মজফ আহমদৰ লগত নজৰুলৰ পৰিচয় হয়। মজফৰ আহমদ পত্ৰিকাখনৰ আনুষ্ঠানিক সম্পাদক
নাছিল যদিও পত্ৰিকাখন তেওঁৰ জীৱন আৰু আত্মাৰ দৰে আছিল। মজফৰ আহমদ সূক্ষ্মদর্শী আৰু
গভীৰ বিচাৰ বুদ্ধিসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁ নজৰুলৰ কবিতাটো পঢ়ি
অভিভূত হৈ পৰে আৰু নজৰুলক বংগীয় মুছলমান সাহিত্য পত্ৰিকাত নিয়মীয়াভাবে কবিতা
লেখিবলৈ উদ্বুদ্ধ কৰে। ফলত নজৰুল সেই মুহূৰ্তৰপৰা পত্ৰিকাখনৰ লগত জড়িত হৈ পৰে।
ইয়াৰ পাছত নজৰুলে ‘হেনা” আৰু ‘ব্যথাৰ দান’নামৰ
দুটি চুটি গল্প লেখে। ব্যথাৰ দান গল্পটোৰ জৰিয়তে নজৰুল পাঠক সমাজত বিশেষকৈ বংগীয়
মুছলমান সাহিত্য পত্ৰিকাৰ লগত জড়িত শিক্ষিত মুছলমানসকলৰ মাজত পৰিচিত হৈ পৰে।
গল্পটোৰ জৰিয়তে নজৰুলৰ কাজী আব্দুল ওদুদ আৰু আবুল কামাল চামচুদ্দিনৰ লগত বন্ধুত্ব
গঢ় লৈ উঠে। ১৯১৯ চনৰ ডিচেম্বৰ মাহত মাহেকীয়া বাংলা পত্রিকা প্ৰৱাসীত হাফিজৰ
ৰুবাইতৰ অনূদিত ৰূপ প্রকাশ পায়। পবিত্র গাংগুলীয়ে কবিতাবোৰ প্ৰকাশৰ বাবে মনোনীত
কৰি পঠোৱাত গাংগুলীৰ লগতো নজৰুলৰ বন্ধুত্ব গঢ়ি উঠে।
নজৰুলে কৰ্মৰত ৪৯ নং বেংগল ৰেজিমেণ্ট
১৯২০ চনত ভংগ কৰি দিয়া হয়। ৰেজিমেণ্ট ভংগ কৰি দিয়াৰ আগে আগে নজৰুল এসপ্তাহৰ
কাৰণে কলিকতালৈ আহিছিল। কলিকতালৈ অহাৰ সময়ত নজৰুলৰ মজফৰ আহমদৰ লগত প্ৰথম সাক্ষাৎ
হয়। তেতিয়া মজফৰ আহমদে নজৰুলক সৈনিকৰ চাকৰি এৰি নিয়মীয়াভাবে সাহিত্যৰ সেৱাত ব্ৰতী
হ'বলৈ আহ্বান জনায়। কিন্তু তেওঁ সৈনিকৰ চাকৰি ত্যাগ কৰাৰ প্ৰয়োজন নহ'ল।
কাৰণ ইতিমধ্যে ৰেজিমেণ্টটো ভংগ কৰি দিয়া হয়। ৰেজিমেণ্ট ভংগ কৰি দিয়াৰ পাছত
বংগলৈ আহি প্ৰথমে তেওঁ গাঁৱত থকা মাকৰ লগত সাক্ষাৎ কৰিবলৈ যায় আৰু মাকৰ লগত
সাক্ষাৎ কৰি আহি সহপাঠী বন্ধু শৈলজানন্দৰ লগত সাক্ষাৎ কৰিবলৈ কলিকতালৈ আহে। তাৰ
পাছত তেওঁ মজফৰ আহমদৰ লগত সাক্ষাৎ কৰে। মজফৰ আহমদ তেতিয়া কলেজ ষ্ট্ৰীটত অৱস্থিত
৩২ নম্বৰ ঘৰৰ প্ৰথম মহলাত থকা মোছলেম ভাৰত আৰু বংগীয় মুছলমান সাহিত্য পত্ৰিকাৰ
কাৰ্যালয়ত বাস কৰিছিল। আফজাল-উল-ইছলাম আৰু কাজী ওদুদৰ দৰে কিছু সংখ্যক
সাহিত্যপ্রেমীও তেতিয়া মজফ আহমদৰ লগত বাস কৰিছিল উক্ত ঘৰটোত। নজৰুল তেওঁলোকৰ সংগী
হৈ পৰে।
প্রাক্তন সৈনিক হিচাপে নজৰুলৰ ভাবমূর্তি উজ্জ্বল আছিল। সেয়ে কিছুদিন পাছতে তেওঁ চৰকাৰী ৰাজহ বিভাগত ছাব ৰেজিষ্টাৰ পদৰ সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ পায়। স্বাধীনতা স্পৃহাই তেওঁক সেনা বাহিনীত যোগদান কৰিবলৈ উদ্বুদ্ধ কৰিছিল যদিও সাম্রাজ্যবাদী যুদ্ধৰ ৰেহ- ৰূপ প্ৰত্যক্ষ কৰি তেওঁ সেই আমন্ত্ৰণ গ্ৰহণ নকৰিলে । কৰাচীৰ সেনা নিৱেশত থকা সময়ত তেওঁ মধ্য এছিয়া ধ্বংসৰ বাবে সামন্তীয় শাসকসকলে লোৱা পদক্ষেপৰ এক বিশৃংখল পদধ্বনি শুনিবলৈ পাইছিল। লাল সেনা ১৯১৮ চনৰ পৰা ১৯২০ চনলৈ সেইফালে ধাৱিত হোৱাও তেওঁ প্রত্যক্ষ কৰিছিল। তেতিয়া তেওঁ হেজাজ আৰু প্ৰাচ্যৰ মুছলমানৰ মাজত এক উষ্মাৰ মনোভব প্রত্যক্ষ কৰিছিল। ১৯১৯ চনত প্ৰৱৰ্তিত ৰাওলাট এক্টে ভাৰতীয়সকলক ইতিমধ্যে ব্ৰিটিছ বিৰোধী কৰি তুলিছিল আৰু মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ বাবে আহ্বান জনাইছিল। ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালাবাগত চলোৱা অমানৱিক অত্যাচাৰ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে ভাৰতীয় বিদ্রোহীসকলক তেতিয়া জাতীয় আন্দোলন আৰু সশস্ত্ৰ বিপ্লৱ গঢ়ি তোলাৰ বাবেও আহ্বান জনোৱা হৈছিল। দেশৰ ভিতৰত বংগতে এই বিদ্ৰোহৰ জুই অধিক প্রচণ্ডভাবে জ্বলি উঠিছিল। ফলত অন্যান্য ভাৰতীয় হিন্দু-মুছলমানৰ দৰে নজৰুলৰ অন্তৰতো বিদ্ৰোহৰ জুইৰ লেলিহান শিখা জ্বলি উঠে আৰু তেওঁ চৰকাৰী চাকৰিৰ মোহ এৰি সাহিত্য সেৱাৰ জৰিয়তে আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত লৈ সাহিত্য চৰ্চাত মনোনিৱেশ কৰে। বন্ধুসকলেও তেওঁৰ এই সিদ্ধান্তক সমৰ্থন কৰে। ফলত নজৰুল বন্ধুবৰ্গৰ পৰামৰ্শমতে সাহিত্য সেৱাৰ জৰিয়তে আন্দোলনত জঁপিয়াই পৰে ।
১৯২১ চনৰ ডিচেম্বৰ মাহৰ শেষ সপ্তাহত
নজৰুলে তেওঁৰ জীৱনৰ আটাইতকৈ বিখ্যাত 'বিদ্রোহী' নামৰ কবিতাটো
ৰচনা কৰে । কবিতাটোৰ ৰচনা শেষ কৰি তেওঁ পাছদিনা পুৱা তেওঁৰ বন্ধুবৰ্গৰ আগত কবিতাটো
পাঠ কৰি শুনায়-
বল বীৰ
বল উন্নত মম শিৰ
শিৰ নিহাৰি
আমাৰি
নত শিৰ ঐ শিখৰ
হিমাদ্ৰীৰ.....
এইদৰে নজৰুলে এটাৰ পাছত এটাকৈ লাইন
পঢ়ি যাবলৈ ধৰিলে। কবিতাটো শুনি বন্ধুবর্গ অভিভূত হৈ পৰিল। বিশেষকৈ সুহৃদ বন্ধু
মজফ আহমদে কবিতাটোৰ ভূয়সী প্রশংসা কৰিলে। নজরুল নিজেও কবিতাটো মনোমোহা আৰু
অতুলনীয় হোৱা বুলি নিশ্চিত আছিল আৰু কবিতাটো প্ৰকাশৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ
নাছিল বুলি ভাবিছিল। সেয়ে যিমান সোনকালে সম্ভৱ কবিতাটো প্ৰকাশ কৰাৰ কথা ভাবিলে।
কবিতাটো প্ৰকাশৰ প্ৰথম দাবীদাৰ আছিল ‘মোছলেম ভাৰত’। কিন্তু দুর্ভাগ্যবশতঃ মোছলেম ভাৰত এখন মাহেকীয়া আলোচনী আছিল আৰু
নিয়মীয়াভাবে প্রকাশো হোৱা নাছিল। সেয়ে মোছলেম ভাৰতত প্ৰকাশৰ অৰ্থই হ'ল
বিলম্ব। নজৰুল আৰু তেওঁৰ বন্ধুবৰ্গই কবিতাটো প্ৰকাশৰ ক্ষেত্ৰত বিলম্ব কৰিব বিচৰা
নাছিল। সেয়ে নজৰুলে ৰবীন্দ্ৰ কুমাৰ ঘোষৰ দ্বাৰা প্ৰকাশিত ‘বিজুলি' নামৰ
পত্ৰিকাৰ লগত যোগাযোগ কৰে আৰু উক্ত পত্রিকাই বিদ্ৰোহী নামৰ বিখ্যাত কবিতাটো প্ৰথম
প্ৰকাশৰ সন্মান লাভ কৰে।
১৯২২ চনৰ ২৬ জানুৱাৰীত কবিতাটো প্ৰথম
প্ৰকাশ পায় আৰু প্ৰকাশৰ লগে লগে বংগৰ পঢ়ুৱৈ সমাজত ধুমুহাৰ সৃষ্টি কৰে। কবিতাটোৱে
ইমানেই জনপ্রিয়তা অৰ্জন কৰে যে জনতাৰ সন্তুষ্টিৰ কাৰণে সংকলনটো পুনৰ মুদ্ৰণ কৰিব
লগা হয়। কথিত আছে যে কবিতাটো প্ৰকাশৰ পাছত নজৰুলে পত্ৰিকাখন লৈ কবিগুৰু ৰবীন্দ্ৰ
নাথৰ ওচৰলৈ গৈছিল আৰু কবিগুৰুৱে কবিতাটো পঢ়ি অভিভূত হৈ পৰিছিল। কবিগুৰুৱে নজৰুলক
শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যত উজ্জ্বল জীৱনৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছিল। পাছৰ
পৰ্যায়ত কবিগুৰুৱে তেওঁৰ ‘বসন্ত’ নামৰ
গীতিনাট্যখন নজৰুলৰ নামত উছৰ্গা কৰিছিল। ইয়ে নজৰুলৰ প্ৰতি কবিগুৰুৰ ভালপোৱাৰ
কথাকে সূচাইছে।
বিদ্রোহী কবিতাটো প্ৰকাশৰ লগে লগে
নজৰুল ১৯২২ চনৰ ২৬ জানুৱাৰীৰ ৰাতিপুৱাৰ ভিতৰতে বিখ্যাত হৈ পৰে। বিদ্রোহী কবিতাটো
এনেকুৱা এটি বিখ্যাত আৰু মহান কবিতা, যাৰ কাৰণে বংগৰ জনগণে অপেক্ষা কৰি আছিল
আৰু নজৰুল নিজেও সেইজন ব্যক্তি, যিজনে কবিতাটো ৰচনাৰ বাবে জন্ম লৈছিল।
কবিতাটো প্ৰকাশৰ পাছত নজৰুল ‘বিদ্রোহী কবি' নামেৰে জনাজাত
হৈ পৰে। বিদ্ৰোহী উপাধিটো যে প্ৰকৃতাৰ্থত নজৰুলৰ কাৰণে যথাৰ্থ আছিল এই বিষয়ে
সন্দেহ কৰাৰ থল নাই।
মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত
স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি আলী ভ্ৰাতৃদ্বয় জে'ললৈ যোৱাৰ
পাছৰপৰা নজৰুলে ভাৰতীয় জাতীয় আন্দোলনৰ পটভূতি কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল।
তেতিয়াৰ বংগৰ অন্যান্য বাঙালীৰ দৰে নজৰুল মহাত্মা গান্ধীৰ গোড়া সমর্থক নাছিল
যদিও তেওঁ অহিংস নীতি আৰু সত্যাগ্ৰহক সমৰ্থন কৰিছিল। ১৯২১ চনত গান্ধীজী কুমিল্লালৈ
যোৱাত তেওঁ এটি কবিতা ৰচনা কৰিছিল-
এ কোন পাগল পথিক
চলে এল বন্দিনী মাৰ অংগনায়
ত্ৰিছ কোটি ভাই
মৰণ-শৰণ গান গেয়ে তাৰ সংগে যায়।।
এইদৰে নজৰুলে স্বাধীনতা আন্দোলনৰ
পটভূমিত গভীৰ দেশপ্ৰেমমূলক কবিতা ৰচনা কৰি গৈছে। কবিতাসমূহ পঢ়ি তেতিয়াৰ মানুহৰ
হৃদয়ত স্বাধীনতাৰ স্পৃহা জাগি উঠিছিল। নজৰুলে মাথোন দেশাত্মবোধক কবিতাই ৰচনা কৰা
নাছিল, দেশাত্মবোধক গীতো ৰচনা কৰিছিল। ব্যক্তিগত অনুভৱৰ ওপৰত নজৰুলে ১৯২২
চনত ‘ভাংগাৰ গান’ ৰচনা কৰিছিল। এই গীতসমূহত নজৰুলে
নৰ-নাৰীৰ পাৰ্থিৱ কামনা- বাসনাৰ চিত্ৰ অংকন কৰিছিল। বৈচিত্ৰৰে ভৰা আছিল নজৰুলৰ
গীতসমূহ। নজৰুলৰ গীতসমূহত ভক্তই বিচাৰি পাইছিল ভক্তিৰ ভাষা, প্ৰেমিকে বিচাৰি
পাইছিল প্ৰেমৰ ভাষা, প্ৰতিবাদকাৰীয়ে বিচাৰি পাইছিল প্ৰতিবাদৰ ভাষা।
এই গীতসমূহকেই ১৯২৩ চনত ‘দোলন চাপা, ১৯২৪ চনত ‘ছায়ানট’
আৰু ‘পুবে হাওয়া’ নামেৰে
গ্ৰন্থাকাৰে প্ৰকাশ কৰে। ১৯২২ চনৰ মাৰ্চ মাহত নজৰুলৰ দুটা চুটি গল্পৰ ব্যথাৰ দান’
নামৰ গল্প সংকলনটো প্ৰকাশ পায় । উক্ত চনৰে অক্টোবৰ মাহত ‘যুগবাণী'
নামৰ প্ৰৱন্ধ আৰু একেবাৰে শেষৰ ফালে ‘অগ্নিবীণা'
নামৰ কবিতা সংকলন প্রকাশ পাইছিল। অগ্নিবীণাৰ প্ৰচ্ছদ মহান শিল্পী
অবনীন্দ্র নাথ ঠাকুৰে স্বেচ্ছাকৃতভাবে আঁকি দিছিল। এইটো তেতিয়াৰ দিনত এগৰাকী
লেখকৰ কাৰণে খুবেই সন্মানৰ কথা আছিল ।
প্রথম স্বাধীনতা সংগ্রামী বাৰীন্দ্ৰ
কুমাৰ ঘোষৰ নামত অগ্নিবীণাখন উছৰ্গা কৰা হৈছিল। মাথোন তিনি চাৰি মাহ পাছতে
অগ্নিবীণাৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছিল। ইয়ে গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ কথা
প্ৰমাণ কৰে। এনেকি প্ৰায় এটা শতাব্দীৰ পাছতো গ্ৰন্থখনৰ সমাদৰ আগৰ দৰেই আছে।
আজিলৈকে অগ্নিবীণাৰ হাজাৰ হাজাৰ কপি বিক্ৰী হৈছে। নজৰুলৰ অন্যান্য গ্ৰন্থৰ সমাদৰো
লক্ষণীয়।
১৯২২ চনৰ মাৰ্চ মাহত নজৰুল প্ৰসিদ্ধ
জাতীয়তাবাদী সাংবাদিক মৌলনা আক্ৰাম খানৰ ‘সেৱক' নামৰ সপ্তাহিক
কাকতখনৰ লগত জড়িত হৈ পৰে আৰু উক্ত কাকতখনৰ লগত তেওঁ মাথোন দুমাহ কাল জড়িত থাকে।
ইয়াৰ পাছত তেওঁ বন্ধু এজনৰ পৰা ২০০ টকা ধাৰে লৈ ‘ধূমকেতু’
নামৰ কাকতখন প্ৰকাশ কৰিবলৈ লয়। কাকতখনৰ নামৰ পৰাই কাকতখনৰ উদ্দেশ্য
সম্পৰ্কে অনুমান কৰিব পাৰি। তেতিয়া দেশব্যাপী স্বাধীনতাৰ বাবে যি আন্দোলন অব্যাহত
আছিল, তাত দেশৰ প্ৰতিজন নাগৰিকক সক্রিয় অংশ গ্ৰহণৰ বাবে উৎসাহিত কৰাই আছিল
কাকতখনৰ মুখ্য উদ্দেশ্য। ধূমকেতুৰ প্ৰতিটো সংখ্যাই এক বিশেষ ভূমিকা পালন কৰিছিল।
সপ্তাহত কাকতখনৰ দুটা সংস্কৰণ প্ৰকাশ পাইছিল । ৰবীন্দ্ৰ নাথ ঠাকুৰ, শৰৎ
চন্দ্ৰ চট্টোপাধ্যায়, বাৰীন্দ্ৰ কুমাৰ ঘোষৰ লগতে কে’বা
গৰাকী স্বনামধন্য ব্যক্তিৰ আশিসত কাকতখন প্ৰথম প্ৰকাশ পাইছিল। ৰবীন্দ্ৰ নাথে
কাকতখন সম্পর্কে লেখিছিল- জাগিয়ে দেৰে চাবুক মেৰে, আছে
যাৰা অৰ্ধচেতন'।
নজৰুল এগৰাকী দুৰন্ত প্ৰকৃতিৰ মানুহ
আছিল আৰু ধূমকেতুৰ পাতত লেখা তেওঁৰ লেখনিসমূহত সেই কথা প্ৰতিফলিত হৈছিল। কবি নজৰুল
আছিল চলমান প্ৰৱন্ধৰ আত্মা, দুৰন্ত স্বাধীনতা সংগ্ৰামী আৰু তেওঁৰ
লেখনিসমূহ আছিল প্ৰত্যাহ্বানেৰে ভৰপূৰ । তেতিয়াৰ পৰিস্থিতিয়ে নিঃসন্দেহে নজৰুলৰ
দৰে এজন লেখকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। নজৰুলে মূলতঃ স্বাধীনতা, সমতা
আৰু ভ্ৰাতৃত্বৰ কাৰণে যুঁজিছিল । তেওঁ সর্বান্তকৰণে কমিউনিজমৰ প্ৰতি আকৃষ্ট আছিল
আৰু গোত্রহীন, বর্ণহীন সমাজৰ কথা চিন্তা কৰিছিল। তেওঁৰ
লেখনিসমূহতো এই কথা প্ৰতিফলিত হৈছিল। হিন্দু-মুছলিমৰ মাজত সুহৃদ বাতাৱৰণ সৃষ্টিৰ
কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছিল। ধূমকেতুৰ পাতত লিখা তেওঁৰ লেখনিসমূহ ১৯৩৮ চনত ‘দুর্দিনেৰ
যাত্ৰী’, ১৯৪১ চনত ‘ৰুদ্ৰবীণা’ নামেৰে
গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল। কবিতাসমূহ ১৯২৪ চনত 'বিষেৰ বাঁশী’
আৰু ‘ভাংগাৰ গান' নামেৰে
গ্ৰন্থাকাৰে প্ৰকাশ পাইছিল।
তেতিয়া ধূমকেতুৰ ইমানেই সমাদৰ আছিল যে
প্ৰকাশৰ আগতেই ধূমকেতুৰ প্ৰতিটো সংখ্যা বিক্ৰী হৈ গৈছিল। জাতীয় আন্দোলনৰ
কৰ্মীসকলৰ প্ৰায় প্ৰতিজনেই একপিকৈ লগত ৰাখিছিল। বাঙালী পৰম্পৰাৰ আড্ডাত কাকতখনৰ
প্ৰতিটো সংখ্যাৰ ওপৰত চৰ্চা হৈছিল। শেষৰ পৰ্যায়ত ধূমকেতুৰ কাৰ্যালয় প্রতাপ
বেনাৰ্জী ৰোডৰ ৩২ নং কলেজ স্কোৱাৰলৈ স্থানান্তৰ কৰা হৈছিল। ধূমকেতুৰ কাৰ্যালয়ত
প্ৰতিদিন আবেলি নজৰুলৰ বন্ধু, ৰাজনীতিবিদ, লেখক আৰু
ৰাজদ্রোহী বন্ধুসকলক চাহ পৰিৱেশন কৰা হৈছিল।। ‘দে গুৰুৰ গা
ধুইয়ে’ এই ধ্বনিৰে কোলাহল মুখৰ আৰু উল্লসিত চিঞৰেৰে বন্ধুবৰ্গক স্বাগত জনোৱা
হৈছিল। নজৰুলৰ বন্ধুবৰ্গ মিলিত হোৱাৰ সময়ত ‘দে গুৰুৰ গা
ধুইয়ে’ এই চিঞৰ মৰাটো প্ৰায় একপ্ৰকাৰ নিয়মত পৰিণত হৈছিল।
এবাৰ ধূমকেতুৰ শাৰদীয় পূজা বিশেষ
সংখ্যাত নজৰুলৰ ‘আনন্দময়ীৰ আগমনে' নামৰ এটি কবিতা
প্ৰকাশ পাইছিল। সমসায়িক ঘটনাৰ পটভূমিত সাধাৰণ জনতাৰ ওপৰত পুলিচী নিৰ্যাতনৰ ছবি
অংকন কৰা হৈছিল কবিতাটোত। দূৰ্গা হ'ল শক্তিৰ প্ৰতীক আৰু অপশক্তি বিনাশকাৰী
দেৱী। সেয়ে কবিতাটো প্ৰকাশৰ লগে লগে ব্ৰিটিছ চৰকাৰ ক্ষুণ্ণ হয় আৰু লেখকক
গ্ৰেপ্তাৰ কৰাৰ কাৰণে ধূমকেতুৰ কাৰ্যালয়লৈ পুলিচৰ আগমন হয়। কিন্তু নজৰুল সিদিনা
কাৰ্যালয়ত উপস্থিত নাছিল। সিদিনা তেওঁ কলিকতাৰ বাহিৰত আছিল। সেয়ে নজৰুলক
গ্ৰেপ্তাৰ কৰিব নোৱাৰি পুলিচে খঙতে সিদিনা প্রকাশিত ধূমকেতুৰ কপিবোৰ জব্দ কৰি লৈ
যায়। পুলিচৰ আগমনৰ খবৰ পাই নজৰুল কলিকতালৈ নাহি পোনে পোনে কুমিল্লালৈ যায় আৰু
তাত তেওঁ বন্ধু সুৰজিত সেনগুপ্তৰ ঘৰত আত্মগোপন কৰি থাকে। অৱশ্যে আত্মগোপন কৰি থাকিলেও
তেওঁ ধূমকেতুৰ প্ৰকাশ বন্ধ কৰা নাছিল। কুমিল্লাৰ পৰাই ধূমকেতুৰ সম্পাদনাৰ কাম
অব্যাহত ৰাখিছিল।
ধূমকেতুৰ দেৱালী সংখ্যাত নজৰুলে ‘মেই
ভূখা হু’ নামেৰে এটি সম্পাদকীয় লিখে। লেখনিটো প্ৰকাশৰ লগে লগে পুলিচ পুনৰ
সক্ৰিয় হৈ উঠে আৰু নজৰুলক কুমিল্লাৰপৰা গ্ৰেপ্তাৰ কৰি কলিকতালৈ লৈ আহে। নজৰুলক
ৰাজদ্রোহীৰ অপৰাধত অপৰাধী কৰি হাজোতলৈ প্ৰেৰণ কৰে আৰু কলিকতাৰ প্ৰেচিডেন্সী
মেজিষ্ট্ৰেটৰ আদালতত তেওঁৰ বিৰুদ্ধে বিচাৰ চলে। বিচাৰত নজৰুলক দোষী সাৱ্যস্ত কৰা
হয় আৰু ১৯২৩ চনৰ ১৬ জানুৱাৰীত তেওঁক এবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহা হয়। তেতিয়া
নজৰুলে আত্মপক্ষ সমর্থন কৰি কাঠগড়াত থিয় হৈ এটা জবানবন্দি পাঠ কৰি শুনাইছিল।
নজৰুলৰ এই জবানবন্দি ‘ৰাজবন্দীৰ জবানবন্দি' নামেৰে বিখ্যাত।
এই জবানবন্দি বাংলা সাহিত্যৰ ভঁড়াললৈ নজৰুলৰ এক উল্লেখযোগ্য অৱদান। নজৰুলৰ
কাৰাদণ্ড হোৱাৰ পাছত ধূমকেতুৰ ওপৰতো দুসপ্তাহৰ কাৰণে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
ধূমকেতুৰ নিষিদ্ধ কাল পাৰ হোৱাৰ পাছত
নজৰুলৰ অনুপস্থিতিত ধূমকেতুৰ সহকাৰী সম্পাদক বীৰেন্দ্ৰ নাথ সেনগুপ্তই ধূমকেতু
সম্পদানাৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু প্ৰথম সংখ্যাতে ‘ৰাজবন্দিৰ
জবানবন্দি' প্ৰকাশ কৰে। জবানবন্দিখন ‘প্ৰভাত’
আৰু ‘উপাসনা' নামৰ দুখন
মাহেকীয়া পত্রিকাতো প্ৰকাশ কৰা হয়। কিন্তু দ্বিতীয় সংখ্যা প্ৰকাশৰ আগতেই
ধূমকেতুৰ প্ৰকাশ বন্ধ হৈ যায়। নজৰুল ধূমকেতুৰ শৰীৰ আৰু আত্মাৰ দৰে আছিল। সেয়ে
নজৰুল অবিহনে ধূমকেতুৰ প্রকাশ অব্যাহত ৰখা সম্ভৱ হোৱা নাছিল। পৰৱৰ্তী পৰ্যায়তো
পৰিস্থিতিৰ মেৰপাকত পৰি ধূমকেতুৰ পুনৰ প্ৰকাশ সম্ভৱ হোৱা নাছিল। ১৯৩১ চনত নজৰুলৰ
এগৰাকী বন্ধুই ধূমকেতুৰ পুনৰ প্ৰকাশৰ কাম আৰম্ভ কৰিব খুজিছিল যদিও মূৰকত গৈ সেয়া
সম্ভৱ হৈ উঠা নাছিল। সেয়ে নজৰুলৰ কাৰাদণ্ডৰ পাছতে ধূমকেতুৰ প্ৰকাশ চিৰদিনৰ বাবে
বন্ধ হৈ যায়।
নজৰুলক ৰাজদ্ৰোহীৰ অপৰাধত কাৰাদণ্ড
বিহাৰ সময়ত তেওঁৰ ব্যক্তিত্ব আৰু মৰ্যদালৈ চাই তেতিয়াৰ আইন অনুসৰি তেওঁক বিশেষ
কয়দীৰ মৰ্যদা প্ৰদান কৰা হৈছিল। কিন্তু কিছুদিন পাছতে সেইবোৰ সুযোগ-সুবিধাৰ পৰা
বঞ্চিত কৰি নজৰুলক আলিপুৰ কাৰাগাৰৰ পৰা হুগলিৰ জিলা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।
হুগলিৰ কাৰাগাৰত তেওঁক সাধাৰণ কয়দীৰ দৰে ৰখা হৈছিল। গতিকে অন্যান্য ৰাজবন্দীসকলক সংগঠিত কৰি নজৰুলে
ইয়াৰ বিৰুদ্ধে অনশন আৰম্ভ কৰে। অনশনৰ মাজত এটা সপ্তাহ পাৰ হোৱাৰ পাছত তেওঁৰ
বন্ধুবৰ্গ আৰু জাতীয় নেতাসকল চিন্তিত হৈ পৰে। ৰবীন্দ্ৰ নাথ ঠাকুৰ তেতিয়া ছিলঙত
আছিল । অনশন বন্ধ কৰিবলৈ আহ্বান জনাই তেওঁ ছিলঙৰ পৰা নজৰুল
লৈ এই বুলি এখন টেলিগ্রাম প্ৰেৰণ কৰে- Give up your hunger strike. Our literature claims you.
কিন্তু প্ৰাপকৰ ঠিকনা পোৱা নগ'ল বুলি এটি টোকা
লেখি টেলিগ্ৰামখন ওভতাই পঠোৱা হয়। টেলিগ্ৰামখন পালেই যে নজৰুলে অনশন বন্ধ কৰিলহেঁতেন
তাকো ন-দি ক'ব নোৱাৰি । কাৰণ কথিত আছে যে ইয়াৰ আগতো
ৰবীন্দ্ৰ নাথে নজৰুলক আন্দোলনৰ পথ পৰিহাৰ কৰি শান্তি নিকেতনলৈ গৈ সাহিত্য চৰ্চাত
অধিক সক্রিয় হ’বলৈ আহ্বান জনাইছিল। নজৰুল ল'ৰালিৰে
পৰাই স্বাধীনচিতীয়া স্বভাৱৰ আছিল আৰু তেওঁৰ দৃঢ়তা ইস্পাতৰ দৰে কঠিন আছিল। সেয়ে নজৰুলে সেই আহ্বানত সঁহাৰি জনোৱা নাছিল।
নজৰুলৰ আচৰণক ৰবীন্দ্ৰ নাথে তৰোৱালেৰে ডাঢ়ি খুৰোৱাৰ লগত তুলনা কৰিছিল ।
সি যি কি নহওঁক কিয়, নজৰুলে
তেওঁৰ অনশন অব্যাহত ৰাখে আৰু অনশন কালত তেওঁ এটি বিখ্যাত গীত ৰচনা কৰে- ‘এই
শিকল পৰা ছল মোদেৰ, এই শিকল পৰা ছল।' এই গীতটোৰ প্ৰথম
শাৰী তেতিয়া প্ৰতিজন মানুহৰ কণ্ঠত ধ্বনিত হৈছিল। নজৰুলৰ দৃঢ়তাৰ ওচৰত সেও মানি
অৱশেষত চৰকাৰে দাবীসমূহ পূৰণ কৰাত ৪০ দিন পাছত নজৰুলে অনশন ভংগ কৰে। ভৱিষ্যতে যাতে
তেনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ব নোৱাৰে তাৰবাবে চৰকাৰে সতৰ্কতাবশতঃ
বিশেষ সুবিধা প্ৰদান কৰি নজৰুলক বৰহমপুৰ কাৰাগাৰলৈ স্থানান্তৰ কৰে। বৰহমপুৰ
কাৰাগৰত তেওঁ শান্তিপূর্ণভাবে কাৰাবাসৰ ম্যাদ পাৰ কৰে আৰু এঘাৰ মাহ কাৰবাসৰ পাছত
১৯২৩ চনৰ ১৫ ডিচেম্বৰত কাৰাগাৰৰ পৰা ওলাই আহে।
১৯২০ চনৰ চেপ্তেম্বৰ মাহত ভাৰতীয় জাতীয়
কংগ্ৰেছৰ বিশেষ কলিকতা অধিবেশনত মাহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ পৰিকল্পনা
দাখিল কৰে। উক্ত চনৰে ডিচেম্বৰ মাহত কংগ্ৰেছৰ নাগপুৰ অধিবেশনত অসহযোগ প্ৰস্তাৱ
অনুমোদন কৰা হয় আৰু অসহযোগ আন্দোলন দেশৰ সৰ্বত্ৰ বিয়পাই দিয়াৰ কাৰণে কাৰ্যসূচী
গ্ৰহণ কৰা হয়। অতি কম দিনৰ ভিতৰতে অসহযোগ আন্দোলনদেশৰ সৰ্বত্ৰ বিয়পি পৰে। ১৯২১
চনৰ নৱেম্বৰ মাহত অসহযোগ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰে। ফলত ব্ৰিটিছ চৰকাৰে অতি
বৰ্ণভাবে আন্দোলন দমন কৰিবলৈ লয়। সকলো ধৰণৰ সভা-সমিতি, ধৰ্মঘট, হৰতাল,
শোভাযাত্রা, স্বেচ্ছাসেৱক বাহিনী গঠন আদিক বেআইনী
ঘোষণা কৰা হয়। কংগ্ৰেছ আত্মৰু খিলাফত কমিটিও নিষিদ্ধ কৰা হয়। বহু নেতাৰ বিৰুদ্ধে
গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। লালা লাজপত ৰায়, মতিলাল নেহৰু,
চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, মওলানা আবুল
কালাম আজাদকে আদি কৰি অন্যান্য নেতাক ব্ৰিটিছ চৰকাৰে ১০ ডিচেম্বৰত আটক কৰি জে'ললৈ
প্ৰেৰণ কৰে। ব্ৰিটিছৰ এই দমন নীতিৰ প্ৰতিবাদত আইন অমান্য কাৰ্যসূচী গ্ৰহণ কৰা হয়।
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত গোৰক্ষপুৰৰ জিলাৰ চৌৰিচৰাত জনতাৰ শোভাযাত্ৰাৰ ওপৰত পুলিচে
গুলী বৰ্ষণ কৰে। কিন্তু পুলিচৰ গুলী শেষ হৈ যোৱাৰ পাছত উত্তেজিত জনতাই থানাত অগ্নি
সংযোগ কৰে আৰু ২২ জন পুলিচ কৰ্মীক হত্যা কৰি জুইৰ মাজত পেলাই দিয়ে। এই ঘটনাত
মৰ্মাহত হৈ মহাত্মা গান্ধীয়ে ২৫ ফেব্ৰুৱাৰীত বৰদৌলি প্ৰস্তাৱ অনুসৰি অসহযোগ
আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখে। ফলত সমগ্ৰ দেশত একপ্ৰকাৰ ৰাজনৈতিক অনিশ্চয়তাৰ
সৃষ্টি হয়।
দেশৰ জনতা তেতিয়া আন্দোলনমুখী আছিল ।
ফলত গান্ধীজীৰ এই আকস্মিক সিদ্ধান্তত দেশবাসী মৰ্মাহত হৈ পৰিছিল । চিত্তৰঞ্জন দাস,
মতিলাল নেহৰু, লালা লাজপত ৰায়কে আদি কৰি বহুতো নেতা
কাৰাগাৰৰ পৰাই গান্ধীজীৰ এই সিদ্ধান্তৰ তীব্র নিন্দা কৰে। ফলত চিত্তৰঞ্জন দাস আৰু
মতিলাল নেহৰুই আন্দোলনক নতুন মাত্ৰা প্ৰদানৰ বাবে আলিপুৰ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে
অসহযোগ কাৰ্যসূচীৰ ৰূপৰেখা প্রণয়ন কৰে। এই পৰিকল্পনা অনুসৰি আইন সভা, স্বশাসিত
সংস্থাৰ নিৰ্বাচন ত্যাগ নকৰি তাত অংশ গ্ৰহণ কৰিয়ে চৰকাৰৰ কাৰ্যক্ৰম চলাই নিয়াৰ
বাবে সিদ্ধান্ত লয়। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু ১৯২২ চনৰ জুন মাহত কাৰাগাৰৰ
পৰা ওলাই আহি এই প্ৰস্তাৱৰ স্বপক্ষে জনমত গঠনৰ বাবে আত্মনিয়োগ কৰে। ১৯২২ চনৰ জুন
মাহৰ ৭ তাৰিখৰ পৰা ৯ তাৰিখলৈ বহা তিনিদিনীয়া অধিবেশনত চিত্তৰঞ্জন দাস, মতিলাল
নেহৰু, আজমল খান, জে, ডি, পেটেলকে আদি কৰি
কিছুসংখ্যক নেতাই আইন সভাত অংশ গ্ৰহণ কৰি চৰকাৰ বিৰোধী আন্দোলন চলাই যোৱাৰ বাবে
প্ৰস্তাৱ উত্থাপন কৰে। কিন্তু ৰাজা গোপালাচাৰী, ডা০ আনচাৰী আৰু
কস্তুৰীৰঙ্গ পেটেলৰ বিৰোধিতাৰ ফলত এই প্ৰস্তাৱ গৃহীত নহ'ল। ১৯২২ চনৰ
ডিচেম্বৰ মাহত চিত্তৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত গয়া অধিবেশনত চিত্তৰঞ্জন দাসে
পুনৰ আইন সভাত অংশ গ্ৰহণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। কিন্তু ১৭৪৮ আৰু ৮৯৩ ভোটৰ
ব্যৱধানত এই প্ৰস্তাৱ বাতিল হৈ যায়। ফলত চিত্তৰঞ্জন দাসে কংগ্ৰছৰ পৰা পদত্যাগ কৰি
মতিলাল নেহৰু, হাজী আজমল খান আৰু অন্যান্য নেতাৰ লগত লগ লাগি
স্বৰাজ দল গঠন কৰে। একমাত্র আইন সভা বয়কটৰ বিৰোধিতাৰ বাহিৰে কংগ্ৰেছৰ লগত এই দলৰ
বিশেষ কোনো নীতিগত পার্থক্য নাছিল। ঔপনিৱেশিক স্বায়ত্ব শাসন অৰ্জন কৰাই আছিল
স্বৰাজ দলৰ মুখ্য উদ্দেশ্য।
নজৰুল জে’লৰ পৰা মুক্ত হৈ
চিত্তৰঞ্জন দাসৰ স্বৰাজ দলৰ লগত জড়িত হৈ ৰাজনৈতিক আৰু সাহিত্য সম্পৰ্কীয় আলোচনা
চক্ৰ আৰু জনসভাত অংশ গ্ৰহণ কৰিবলৈ লয়। এই সময়ছোৱাতে তেওঁ কিছুমান কবিতা আৰু গীত
ৰচনা কৰে । এই কবিতা আৰু গীতসমূহৰ বেছিভাগেই কোনো আলোচনা চক্ৰ নাইবা জনসভাক
উদ্দেশ্য কৰি ৰচনা কৰা হৈছিল । ফলত দেশৰ জনগণৰ লগতে স্বাধীনতা আন্দোলনৰ লগত জড়িত
ৰাজনৈতিক নেতাসকলৰ লগত নজৰুলৰ সু-সম্পৰ্ক গঢ় লৈ উঠিছিল। চিত্তৰঞ্জন দাসে ‘বাংলাৰ
কথা' নামৰ এখন সপ্তাহিক আলোচনী সম্পাদনা কৰিছিল। অসহযোগ আন্দোলনত অংশ
গ্রহণ কৰি চিত্তৰঞ্জন দাস জে'ললৈ যোৱাৰ পাছত তেওঁৰ সহধর্মিণী
বাসন্তী দেৱীৰ তত্ত্বাৱধানত পত্ৰিকাখন প্ৰকাশ হ'বলৈ ধৰে।
চিত্তৰঞ্জন দাস তথা বাসন্তী দেৱীৰ লগতে তেওঁলোকৰ অনুগামীসকলে নজৰুলক ভাল পাইছিল আৰু
শ্ৰদ্ধা কৰিছিল। বাঙালীসকলে তেতিয়া কবিসকলৰ কবিতাৰদ্বাৰা অনুপ্ৰাণিত হৈছিল। সেয়ে
বাসন্তী দেৱীয়ে বাংলাৰ কথা পত্ৰিকাখনত কবিতা পঠোৱাৰ বাবে নজৰুলক আমন্ত্ৰণ জনায়।
চিত্তৰঞ্জন দাসৰ দেশপ্ৰেম আৰু ত্যাগৰ কাৰণে অন্যান্য বাঙালীৰ দৰে কবি নজৰুলো
দেশবন্ধুৰ প্রতি শ্রদ্ধাশীল আছিল। সেয়ে বাসন্তী দেৱীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি
জনাই নজৰুলে বাংলাৰ কথা পত্ৰিকালৈ 'ভাঙাৰ গান' নামৰ এটি
কালজয়ী গীত লিখি পঠায়। গীতটো বাংলাৰ কথা পত্ৰিকাত প্ৰকাশ পোৱাৰ পাছত
আন্দোলনকাৰীসকলৰ মনত নৱ উদ্যমৰ সূচনা হয়-
কাৰাৰ ঐ লৌহ
কপাট
ভেঙে ফেল কৰৰে
লোপাট ৰক্ত জমাট
শিকল পূজাৰ
পাষাণ বেদী....
গীতটো ভাৰতৰ জাতীয় আন্দোলনৰ প্ৰথম
মহান গীত আছিল আৰু গীতটোৰ জৰিয়তে নজৰুলে জাতীয় জীৱনলৈ আৰু অধিক অৱদান আগবঢ়োৱাৰ
ইংগিত বহন কৰিছিল। গীতটোৰ সুৰ আৰু শব্দত এনে এক আবেদন আছিল যে, প্রতিজন
বাঙালীৰ হৃদয় স্পৰ্শ কৰাৰ লগতে তেজত স্বাধীনতাৰ উন্মাদনা জগাই তুলিছিল আৰু
স্বাধীনতাৰ আগমুহূৰ্তলৈকে গীতটো হাজাৰ হাজাৰ জনতাৰ কণ্ঠত ধ্বনিত হৈছিল।
গীতটোৰ দ্বাৰা প্ৰভাৱিত হৈ বাসন্তী
দেৱীয়ে নজৰুলক নিজৰ ঘৰলৈ মাতি পঠিয়ায়। আমন্ত্ৰণ ৰক্ষা কৰি নজৰুল বাসন্তী দেৱীৰ
লগত সাক্ষাৎ কৰিবলৈ যায়। তাত নজৰুলক ইমানেই আদৰ-সম্ভাষণ জনোৱা হৈছিল যে নজৰুলে
জীৱনৰ শেষ মুহূৰ্তলৈকে সেই কথা পাহৰিব পৰা নাছিল। সিদিনাৰ সেই অনুভৱৰ কথা তেওঁ
তেওঁৰ ‘চিত্তকথা' নামৰ গ্ৰন্থত প্ৰকাশ কৰি গৈছে।
হুগলি কাৰাগাৰত বন্দী হৈ থাকোঁতে
নজৰুলে বুজন সংখ্যক কবিতা আৰু গীত ৰচনা কৰিছিল। তেওঁৰ লেখনিসমূহ পঢ়ি হুগলিত তেওঁৰ
বহু বন্ধু-বান্ধব আৰু অনুৰাগীৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে কাৰাগাৰৰ বাহিৰৰ পৰাই
নজৰুলৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল । গতিকে নজৰুল কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছত
সেইসকল বন্ধুবৰ্গই নজৰুলক হুগলিলৈ লৈ গৈ তেওঁলোকৰ লগত বসবাস কৰিবলৈ অনুৰোধ জনায়
আৰু নজৰুলে সেই অনুৰোধ ৰক্ষা কৰি ১৯২৬ চনৰ ২ জানুৱাৰীলৈ দুবছৰ কাল হুগলিত বাস কৰে।
তাৰ পাছত কৃষ্ণনগৰলৈ আহি বসবাস কৰিবলৈ লয়। হুগলিত বাস কৰা সময়ত ১৯২৪ চনৰ ২৫
এপ্ৰিলত তেওঁ প্ৰমীলা দেৱীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। নজৰুলৰ এই বিবাহৰো কাহিনী
আছে। নজৰুলৰ বিশেষ বন্ধু সুৰজিত সেনগুপ্তৰ এজনী বিধৱা বায়েক আছিল। বিধৱা হোৱা
হেতুকে বাঙালী পৰিয়ালৰ পৰম্পৰা অনুসৰি বিৰজা সুন্দৰী সুৰজিতৰ ওপৰত নিৰ্ভৰশীল
আছিল। নজৰুল কুমিল্লাত সুৰজিত সেনগুপ্তৰ ঘৰত আত্মগোপন কৰি থকা সময়ত সুৰজিতৰ বিধৱা
বায়েক বিৰজা সুন্দৰী দেৱীয়ে নজৰুলক পুত্ৰ দৰে আদৰ-যত্ন কৰিছিল। ফলত নজৰুল ঘৰখনৰ
অন্যান্য সদস্যৰো প্ৰিয়ভাজন হৈ পৰিছিল। ফলত পাছৰ পৰ্যায়তো তেওঁ মাজে-সময়ে
সুৰজিতহঁতৰ ঘৰলৈ অহা-যোৱা কৰিছিল। এই অহা-যোৱাৰ সুবাদতে সুৰজিতৰ
ভাগিনীয়েক(সুৰজিতৰ বিধৱা বায়েক বিজা সুন্দৰীৰ জীয়েক) প্রমীলা দেৱীৰ লগত নজৰুলৰ
ঘনিষ্টতা বাঢ়িছিল আৰু সেই ঘনিষ্টতাই শেষলৈ গৈ ভালপোৱাৰ ৰূপ লৈছিল। দুলি আৰু দোলন
প্রমীলাৰ উপনাম আছিল। প্রমীলাৰ বয়স তেতিয়া তেৰ বা চৈধ্য বছৰৰ অধিক নাছিল। নজৰুলে
‘মোছলেম ভাৰত’ত ‘বিজয়িনী'
নামেৰে এটি প্ৰেমৰ কবিতা লেখিছিল। এই কবিতাটোৱে নজৰুল আৰু প্ৰমীলাৰ
ভালপোৱাৰ ইংগিত বহন কৰিছিল যদিও তেতিয়ালৈকে এই ভালপোৱা মাথোন উকমুকনিৰ পৰ্যায়তহে
আছিল। নজৰুল ধূমকেতু পত্ৰিকাৰ লগত জড়িত হৈ থকাৰ সময়ত উভয়ে এই প্ৰেমৰ সত্যতা
সম্পৰ্কে নিশ্চিত হয় আৰু নজৰুল হুগলিত বাস কৰা সময়ত এই ভালপোৱাৰ কথা ঘোষণা কৰে
আৰু উভয়ৰ সন্মতিত নানা আলৈ-আহুকালৰ মাজেদি বিবাহ কাৰ্য সম্পন্ন হয়। নক'লেও
হ'ব যে, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কাৰণে এই
বিয়া সন্তোষৰ কাৰণ হ'ব পৰা নাছিল ৷
সভ্ৰান্ত হিন্দু পৰিয়ালৰ এজনী
ছোৱালীয়ে নজৰুলৰ দৰে এজন মুছলমানক বিবাহ কৰোৱাটো হিন্দু শাস্ত্ৰ অনুসৰি মাথোন
ভুলেই নাছিল, তেতিয়া বাঙালী পৰিয়ালৰ কাৰণে মৰ্মান্তিক
হতাশাৰো কাৰণ আছিল। প্রমীলা দেবীৰ পৰিয়ালৰ কোনেও এই বিবাহ সমৰ্থন কৰা নাছিল।
গিৰিবালা দেৱীয়ে নজৰুলক নিজৰ সন্তানৰ দৰে মৰম-স্নেহ কৰিছিল যদিও তায়ো কথাটো
প্রকাশ্যে সমর্থন কৰিব পৰা নাছিল আৰু বিবাহ অনুষ্ঠানৰপৰা নিজক আঁতৰাই ৰাখিছিল ।
সমাজৰ ঘৃণাৰ পৰা নিজৰ সন্তানক বচোৱাৰ কাৰণে তাই তেনেকুৱা কৰিছিল বুলি নজৰুলে
উপলব্ধি কৰিব পাৰিছিল। সেয়ে নজৰুলে পাছৰ পৰ্যায়ত তেওঁৰ ‘সৰ্বহাৰা’
নামৰ গ্ৰন্থখন গিৰিবালা দেৱীৰ নামত উছৰ্গা কৰিছিল। সুখৰ বিষয় যে,
১৯৩৩ চনত গিৰিবলা দেৱীৰ এই বিদ্বেষৰ ভাবৰ পৰিসমাপ্তি ঘটিছিল আৰু মৃত্যুৰ
আগমুহূৰ্তলৈকে নজৰুলৰ লগত তাইৰ মধুৰ সম্পৰ্ক অটুট আছিল।
বহুতো মুছলমানৰ কাৰণে এই বিয়া নানা
কাৰণত সন্তোষজনক হ'ব পৰা নাছিল। কাৰণ প্ৰমীলা দেৱীয়ে
ধৰ্মান্তৰকৰণ নোহোৱালৈকে মুছলিম আইন অনুসৰি বিবাহ কাৰ্য সম্পন্ন কৰাটো সম্ভৱ নাছিল
। কিন্তু প্রমীলা দেৱী ধৰ্মান্তৰকৰণ কৰিবলৈ সন্মত নাছিল । আনহাতে ভাৰতীয় হিন্দু
বিবাহ আইন অনুসৰিও বিবাহ কাৰ্য সম্পাদন কৰাটো সম্ভৱ নাছিল। কাৰণ ভাৰতীয় আইন
অনুসৰি কইনাৰ বয়স ১৮ হ’লেহে ‘কোর্ট মেজি’ৰ বিধান আছিল।
সেয়ে একমাত্ৰ ধৰ্ম পৰিৱৰ্তনৰ বাহিৰে বিবাহ কাৰ্য সম্পাদন কৰা সম্ভৱ নাছিল। কিন্তু
দৰা-কইনা উভয়ে সকলো ধৰণৰ ধৰ্মীয় বাধা-নিষেধৰ সন্মুখীন হ'বলৈ সাজু আছিল।
১৯২৬ চনৰ ১৬ ডিচেম্বৰৰ পৰা নজৰুলে ‘শ্রমিক
প্রজা স্বৰাজ দল’ৰ মুখপাত্র 'লাঙ্গল'ৰ
মুখ্য সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
১৯২৮ চনত নজৰুলে ‘হিছ
মাষ্টাৰচ ভইচ' গ্রামোফোন কোম্পানীৰ সঞ্চালক হিচাপে যোগদান কৰে
আৰু এই সময়ৰপৰা তেওঁ ভক্তিমূলক গীত ৰচনা কৰিবলৈ লয়। তেওঁ ৰচনা কৰা গীতসমূহ
ৰেডিওৰ জৰিয়তে সমগ্ৰ দেশত বিয়পি পৰিছিল। ১৯২৮ চনৰ পৰা ১৯৩৫ চনৰ ভিতৰত তেওঁ ৮০০
গীতৰ ১০ টা সংকলন প্রকাশ কৰিছিল।
নজৰুলে ফিল্ম কোম্পানীতো কাম কৰিছিল।
১৯৩৪ চনত তেওঁ গিৰীশ চন্দ্ৰ ঘোষৰ গল্পৰ চিত্ৰৰূপ ‘ভক্ত প্ৰহ্লাদৰ
নিৰ্দেশনা, গীত ৰচনা, সংগীত পৰিচালনা
আৰু নেপথ্য গায়ক হিচাপে কাম কৰাৰ লগতে অভিনয়ো কৰিছিল। ১৯৩৬ চনত ‘বিদ্যাপতি’
আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘গোৰা’ উপন্যাসৰ আধাৰত কৰা
চিনেমাৰ তেওঁ সংগীত পৰিচালনা কৰিছিল। ১৯৩৯ চনত তেওঁ ‘চিৰাজ-উদ-দৌলা'
চিনেমাৰ গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ১৯৩৯ চনত
প্ৰমীলা দেৱী পক্ষাঘাতত আক্ৰান্ত হৈ শয্যাশায়ী হয়। প্রমীলা দেৱীৰ চিকিৎসাৰ কাৰণে
তেওঁ গ্রামোফোন ৰেকৰ্ড আৰু সাহিত্য কৰ্মৰ ‘ৰয়েলিটি’ ৪০০ টকাত বন্ধকত
থব লগা হয়। ১৯৪০ চনত এ, কে, ফজলুল হকৰ
দ্বাৰা পৰিচালিত দৈনিক বাতৰি কাকত ‘নৱযুগ’ৰ সম্পাদনাৰ
দায়িত্বভাৰ গ্ৰহণ কৰে ৷
১৯৪১ চনৰ ৮ আগষ্টত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ
বিয়োগৰ পাছত তেওঁ কবিগুৰুৰ স্মৃতিত দুটা কবিতা ৰচনা কৰিছিল। ইয়াৰে ‘ৰবিহাৰা’
কবিতাটো ৰেডিওযোগে প্ৰচাৰ কৰা হৈছিল। ইয়াৰ পাছৰ পৰা তেওঁ
ক্ৰমান্বয়ে বাকশক্তি হেৰুৱাবলৈ ধৰে। ফলত তেওঁ চিকিৎসাধীন হ’ব লগা হয়। তেওঁ
হেমিওপেথিক আৰু আয়ুৰ্বেদিক চিকিৎসকৰ শৰণাপন্ন হয়। কিন্তু ৰোগমুক্তিৰ আগতেই তেওঁৰ
স্মৃতিশক্তি লোপ পাবলৈ ধৰে। ১৯৫২ চনত মানসিক চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ মানসিক
হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু তাতো ৰোগ উপশম নোহোৱাত ‘নজৰুল চিকিৎসা
ছোছাইটি’য়ে চিকিৎসাৰ দায়িত্ব লৈ প্ৰমীলা দেৱীৰ সৈতে প্ৰথমে তেওঁক লওনলৈ
পঠায়। কিন্তু তাতো ফল নধৰাত তেওঁক লণ্ডনৰ পৰা ভিয়েনালৈ পঠোৱা হয়। ভিয়েনাত
ডাক্তৰসকলে পৰীক্ষা-নিৰীক্ষা কৰি দুৰাৰোগ্য ৰোগ বুলি সমিধান দিয়ে। ফলত ১৯৫৩ চনৰ
১৫ ডিচেম্বৰত তেওঁক কলিকতালৈ অনা হয়। ১৯৬২ চনৰ ৩০ জুনত প্রমীলা দেৱীৰ মৃত্যু হয়।
১৯৭২ চনত ভাৰত চৰকাৰৰ অনুমোদন মর্মে নতুনকৈ গঠিত বাংলাদেশ চৰকাৰে নজৰুলক চিকিৎসাৰ
বাবে ঢাকালৈ নিয়ে। কিন্তু তাতো চিকিৎসাই কোনো ফল নিদিলে। ১৯৭৪ চনত
নজৰুলৰ কনিষ্ঠ পুত্ৰ গীতাৰবাদক কাজী অনিৰুদ্ধৰ মৃত্যু হয়। ১৯৭৬ চনৰ ২৯ আগষ্টত
দীৰ্ঘদিন ৰোগভোগৰ পাছত নজৰুল ইছলামৰ পৰলোকপ্ৰাপ্তি হয়। তেওঁক ঢাকা
বিশ্ববিদ্যালয়ৰ মছজিদ চৌহদত কবৰ দিয়া দিয়া হয়। তেওঁৰ জানাজাত দহ হাজাৰ লোক
সমবেত হৈছিল বুলি জনা যায়।
নজৰুল ইছলামৰ সাহিত্য কৰ্ম-
কবিতা-
অগ্নিবীণা(১৯২২), সঞ্চিতা(১৯২৫), ফণিমানসা(১৯২৭),
চক্রবাক(১৯২৯), সাতভাই চাম্পা(১৯৩৩), নির্ঝৰ(১৯৩৯), নতুন
চান্দ(১৯৩৯), মৰুভাস্কৰ(১৯৫১)।
গীত সংকলনঃ-
দোলন চাঁপা(১৯২৩), বিষের বাঁশী(১৯২৪), ভাংগাৰ
গান(১৯২৪), ছায়ানাট(১৯২৫), চিত্তনামা(১৯২৫),
সাম্যবাদী(১৯২৬), পুবে হাওয়া(১৯২৬), সৰ্বহাৰা(১৯২৬),
সিন্ধু হিন্দুল(১৯২৭), জিঞ্জিৰ(১৯২৮), প্রলয়
শিখা(১৯৩০), শেষ সওগাত(১৯৫৮)।
চুটি গল্পঃ- ৰিক্তেৰ
বেদন(১৯২৫), শিউলি মালা(১৯৩১), ব্যথাৰ
দান(১৯২২)।
উপন্যাসঃ-
বাধন হাৰা(১৯২৭), মৃত্যুক্ষুধা(১৯৩০), কুহেলিকা(১৯৩১)।
গীতিনাট্যঃ-জিলমিল(১৯৩০),
আলেয়া (১৯৩১), পুতুলেৰ বিয়ে(১৯৩৩), মধুমালা(১৯৬০),
ঝড়(১৯৬০), পুতুলেৰ বিয়ে(১৯৬৪)।
প্ৰৱন্ধ সংকলন-
যুগবাণী(১৯২৬), ঝিংগে ফুল(১৯২৬), দুর্দিনেৰ
যাত্ৰী(১৯২৬), ৰুদ্ৰ মংগল(১৯২৭), আধুনিক বিশ্ব
ইতিহাস(১৯৩৩) ধূমকেতু(১৯৬১)।
(প্রকাশ- গণ অধিকাৰ, এদিনৰ
সংবাদ, আমি অসমৰ জনগণ।)
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন