মুখ বাগৰা মুকুতা-২

 

              


                    


                      মুখ বাগৰা মুকুতা-২

                টেটনৰ বুদ্ধি

জমিদাৰী প্ৰথা প্রচলন থকা দিনৰ কথা। এদিন জমিদাৰ হৰিনাৰায়ণ চৌধুৰী ঘোঁৰা চেঁকুৰাই সদৰৰ পৰা গৃহাভিমুখে আহি আছিল। বাটত আহি থাকোঁতে দহ-বাৰ বছৰীয়া লৰা এজন তেওঁৰ চকুত পৰিল৷ লৰাজনে ৰাস্তাৰ দাঁতিত গাঁত খান্দি আছিল। জমিদাৰ হলেও তেওঁৰ প্ৰকৃতি আন দহজন জমিদাৰৰ দৰে নাছিল। মিঠা কথা, মিঠা মাতেৰে মানুহৰ মন মুহি চলিছিল। স্বভাৱতো মানুহজন গহীন-গম্ভীৰ আছিল৷ সতকাই কাৰো লগত খং নকৰিছিল। কিন্তু তেওঁৰ অন্তৰত অন্তঃসলিলা পানীৰ সোঁতৰ দৰে কূটিল মন এটা আছিল।

হৰিনাৰায়ণ চৌধুৰীয়ে লৰাজনৰ ওচৰত ঘোঁৰা ৰখাই মিঠা মাতেৰে সুধিলে- বোপা, তোমাৰ নাম কি? তুমি এইদৰে ৰাস্তাৰ মাজত গাঁত খান্দি আছা কিয়?

ৰাজন আছিল সাহসী আৰু বুদ্ধিমান। ঘোঁৰা আৰু সাজ-পাৰ দেখি সি হৰি নাৰায়ণ চৌধুৰীক জমিদাৰ বুলি চিনিব পাৰিলে যদিও ভয় নাখালে। সি নির্ভীকভাৱে টপৰাই উত্তৰ দিলে- মোৰ নাম টেটন। মই ৰাস্তাৰ মাজত গাঁত খন্দা নাই। দাঁতিতহে গাঁত খান্দি আছোঁ।

টেটনৰ নিৰ্ভীক আৰু বুদ্ধিদীপ্ত উত্তৰ শুনি হৰিনাৰায়ণ চৌধুৰী মনে মনে কিছু ক্ষুণ্ন হল যদিও তেওঁ মনৰ ভাৱ গোপন কৰি ক'লে- ৰাস্তাৰ মাজত নাখান্দিলেও দাঁতিততো খান্দি আছা! হঠাৎ কোনোবাই ভুলক্রমে গাঁতত পৰিলে দুখ নাপাব জানো?

টেটনে আগৰ দৰেই টপৰাই উত্তৰ দিলে- কোনোবাই অবাটত বাট বুলিলে সি গাঁতত পৰিবই।

টেটনৰ উত্তৰ শুনি হৰিনাৰয়ণ চৌধুৰী স্তম্ভিত হৈ পৰিল। তেওঁ ভাবিলে, ৰাজনতো কম নহয় ! ই ডাঙৰ লে নিশ্চয় এজন বুদ্ধিমান মানুহ হডাঙৰ হলে লৰাজনে মোক আঁতৰাই জমিদাৰ হোৱাটোও আচৰিত নহয়৷ গতিকে ইয়াক কলিতে গচকি মোহাৰি নেপেলালে ভৱিষ্যতে তেওঁৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিব পাৰে! গতিকে তেওঁ ল'ৰাজনক নিজৰ লগত ৰাখি পঙ্গু কৰি নিজৰ ভৱিষ্যত নিষ্কণ্টক কৰাৰ কথা ভাবিলে।

তেওঁ সুধিলে- তোমাৰ ঘৰত কোন কোন আছে?

দেউতা ঢুকাইছে। ঘৰত বৰ্তমান মাৰ বাহিৰে আন কোনো নাই।

তোমালোক চলা কেনেকৈ?

আয়ে লোকৰ ঘৰত কাম কৰে। তাৰে কোনোমতে খাই-বই চলি আছোঁ।

হৰিনাৰায়ণ চৌধুৰীয়ে টোপ আগবঢ়ালে- তেনেহ'লেতো তোমালোকৰ বৰ কষ্ট হৈ আছে। তুমি মোৰ লগত যাবা নেকি? তোমাৰ সকলো খৰচ মই বহন কৰিম। মোৰো তোমাৰ দৰে লৰা এজন আছে। নাম দীপক। দীপক স্কুললৈ যায়। মন গলে তুমিও তেওঁৰ লগত একেলগে লিখা-পঢ়া শিকিব পাৰিবা।

টেটনে কলে- কিন্তু আইক কোনে চাব?

তোমাৰ আয়েৰাৰ দায়িত্বও ময়ে লম। মই জমিদাৰ। মোৰ ভাত-কাপোৰৰ অভাৱ নাই।

আপুনি জমিদাৰ বুলি মই আগতেই চিনিব পাৰিছোঁ, আপোনাৰ সাজ-পাৰ আৰু ঘোঁৰা দেখি। কিন্তু মই আইৰ অনুমতি নোলোৱাকৈ ক'লৈকো নাযাওঁ।

বাৰু, তোমালোকৰ ঘৰলৈ বলা। মই তোমাৰ আয়েৰাৰ লগত কথাটো আলোচনা কৰোঁগৈ৷

হৰিনাৰায়ণ চৌধুৰী টেটনক লৈ টেটনহঁতৰ ঘৰলৈ আহিল৷ টেটনৰ মাকৰ ওচৰত জমিদাৰে তেওঁৰ অভিপ্ৰায়ৰ কথা জনালেমাকে জমিদাৰ সকলৰ স্বভাৱৰ কথা জানেকি মতলবত বা জমিদাৰে ইমানখিনি অনুগ্রহ দেখুৱাই আছে! আজি ভালৰি বোলাই নিব খুজিছে, কাইলৈতো সিহঁতৰ অনিষ্টও কৰিব পাৰে!জমিদাৰসকল শেনৰ এজাত।স্বাৰ্থ নোহোৱাকৈ কোনো কামেই নকৰে জমিদাৰসকলেগতিকে তাই মানুহ সাক্ষী ৰাখি টেটনক জমিদাৰৰ লগত দিয়াৰ কথা ভাবিলে সেয়ে তাই জমিদাৰক আদৰ-সাদৰ কৰি বহিবলৈ দি গাঁৱৰ মুখিয়াল মানুহ কেইজনমান মাতি আনিলে। তাৰ পাছত মুখিয়াল কেইজনক সাক্ষী ৰাখি টেটনক জমিদাৰৰ লগত পঠিয়াই দিলে।

জমিদাৰে টেটনক নিজৰ ঘৰলৈ আনি নিজৰ লৰা দীপকৰ লগত পৰিচয় কৰাই দিলে- এওঁৰ নাম টেটনআজিৰ পৰা এওঁ তোমাৰ লগত থাকিব। তুমি স্কুললৈ গ'লে এওঁ তোমাৰ কিতাপ-ফলি লৈ যাব।

টেটন আৰু দীপক একে বয়সৰ। গতিকে দীপকে টেটনক পাই ভালেই পালেসেয়ে দীপকে টেটনৰ লগত বন্ধুসূলভ ব্যৱহাৰ কৰিবলৈ ধৰিলে। দীপকৰ বন্ধুসূলভ ব্যৱহাৰত টেটনো মুগ্ধ হল৷ অলপ সময়ৰ ভিতৰতে দুয়ো নলে-গলে লগা বন্ধু হৈ পৰিল।

পাছদিনাৰ পৰাই টেটনে দীপকৰ লগত স্কুললৈ যাবলৈ ধৰিলে। দীপক শ্ৰেণীত পঢ়ি থকা সময়ত টেটনে দীপকৰ কাষতে বহি থাকে। কাৰণ জমিদাৰৰ হুকুম তেনেকুৱাই আছিল। শিক্ষকসকলৰ কথা টেটনে মনযোগেৰে শুনে। কাৰণ টেটনে আগতেও কিছু লিখা-পঢ়া শিকিছিল। গতিকে শিক্ষকে দীপকক শিকোৱা কথাবোৰ মনযোগেৰে শুনি শুনি সিও সেইবোৰ জনা হৈ ল। ফলত শিক্ষকসকলে দীপকক কিবা লিখিবলৈ দিলে টেটনেই সেইবোৰ লিখি দিয়ে। দীপকে এই বিষয়ে আপত্তি কৰিলে টেটনে কয়- তুমি হলা জমিদাৰৰ লৰা। তোমাক সহায় কৰাৰ কাৰণেইতো দেউতাৰাই মোক ৰাখিছে৷ গতিকে মই থাকোঁতে তুমি কিয় কষ্ট কৰি লিখিবা । তুমি লিখিব নালাগে। তোমাৰ লিখা ময়ে লিখি দিও ৰবা।

দীপকে কথাটোত ভালেই পালে। টেটনে লিখি দিলে সি নিজে লিখাতকৈ নম্বৰো বেছি পায়। ইফালে লিখাৰ কষ্টও কৰিব নালাগে। শিক্ষকসকলৰ কথাও মনযোগেৰে শুনাৰ প্ৰয়োজন নহয়। ফলত দীপকৰ ওচৰত টেটনৰ সমাদৰ বাঢ়িল। ইফালে টেটনৰ লিখা-পঢ়াৰ প্ৰতি ধাউতি দেখি শিক্ষকসকলে দীপকৰ শ্ৰেণীতে টেটনক ভর্তি কৰিলে।

টেটনৰ এই আচৰণৰ ফলত এটা সময়ত দীপকে লিখা-পঢ়াৰ ফালে পিঠি দি টেটনৰ মুখাপেক্ষী হৈ পৰিল।

দীপকৰ এই দুৰ্বলতা ধৰা পৰিল বছৰেকীয়া পৰীক্ষাৰ পাছত। দীপকে কোনো এটা বিষয়তে পাছ কৰিব পৰা নাই। আনহাতে টেটনে প্ৰতিটো বিষয়তে ভাল নম্বৰ পাই শ্ৰেণীৰ ভিতৰত প্ৰথম হল।

শিক্ষকসকলে দীপকৰ অকৃতকার্যতাৰ কাৰণ বিচাৰিবলৈ গৈ টেটনৰ আচৰণৰ বিষয়ে জানিব পাৰিলে। তেওঁলোকে কথাটো জমিদাৰক অৱগত কৰিলেকথাটো শুনি জমিদাৰ অগ্নিশর্মা হৈ উঠিল। তেওঁ ভাবিলে, টেটনক কলিতে মোহাৰি গচকি নেপেলালে বেটাই ভৱিষ্যতে গৈ তেওঁৰ জমিদাৰীও কাঢ়ি নিব পাৰে। যিহে বেটাৰ বুদ্ধি! কিন্তু কৰে কি তেওঁ! বহুপৰ গুণাগঁথা কৰি অৱশেষত টেটনক মাৰি পেলোৱাৰ কথা ভাৱিলে। কিন্তু টেটনক গঞাক সাক্ষী কৰি আনিছে। গতিকে হঠাৎ মাৰি পেলালে কেচ-মামলা হব। সেয়ে তেওঁ সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ কথা ভাৱি টেটনক মতাই আনি কলে- টেটন, তুমি ঘৰৰ পৰা অহা বহুদিন হল। তোমাৰ মাৰাই হয়তো তোমাৰ কথা ভাৱি অস্থিৰ হৈ উঠিছে। ইফালে পৰীক্ষাও শেষ হৈছে। তুমি ভালদৰে পাছো কৰিছা। গতিকে ঘৰলৈ গৈ মাৰাৰ লগত দেখা কৰি আহাগৈ। ইচ্ছা কৰিলে পুনৰায় স্কুল নোখোলালৈকে ঘৰত থাকিও আহিব পাৰিবা। এইদৰে কৈ জমিদাৰে কাগজ এটুকুৰাত কিবা-কিবি লিখি লেফাফা এটাত ভৰাই মুখত এঠা লগাই টেটনৰ হাতত দি ক'লে- আজিয়ে যোৱাগৈ। যোৱাৰ সময়ত চিঠিখন কটোৱালক দি যাবা। চিঠিখন নুখুলিবা। যেনেকৈ আঠা লগোৱা আছে, তেনেকৈয়ে দি যাবা।

কটোৱালৰ ঘৰ টেটনহঁতৰ ঘৰলৈ যোৱা বাটতে পৰে। সেয়ে টেটনে চিঠিখন লৈ ৰংমনে ঘৰলৈ বুলি ৰাওনা হল। কিছুদূৰ অহাৰ পাছত টেটনে ভাৱিলে, জমিদাৰে চিঠিখন খুলিবলৈ নিষেধ কৰিলে কিয়? চিঠিখনত নিশ্চয় কিবা গুপুত খবৰ আছে।

ত বাধা-নিষেধ ততেই মানুহৰ কৌতূহল বেছি। গতিকে টেটনে চিঠিখন খুলি চোৱাৰ কথা ভাৱিলে ৷ কিন্তু চিঠিৰ মুখত যে আঠা লগোৱা! খুলি পঢ়ি চালে কটোৱালে নিশ্চয় কথাটো গম পাই যাব। চিঠিখন খোলাৰ কথা গম পাই কটোৱালে যদি কথাটো জমিদাৰক জনায়, তেনেহ'লে জমিদাৰে তাক সুদাই নেৰিবগতিকে সি ভাবিবলৈ ধৰিলে, কটোৱালে চিঠিখন খোলাৰ চিন-চাব গম নোপোৱাকৈ সি চিঠিখন খোলে কেনেকৈ?

বহুপৰ গুণাগঁথা কৰাৰ পাছত টেটনৰ মনত এটা বুদ্ধি খেলালে৷ ভৱামতেই সি পুখুৰী এটাৰ পাৰলৈ আহি লাহে লাহে চিঠিৰ আঠা লগোৱা অংশ তিয়ালে। ফলত অলপ সময় আগতে লগোৱা আঠা ঢিলা হৈ আহিল ৷ সি সদায় লগত এটা ছেফটিপিন ৰাখিছিল। ছেফটিপিনৰ জোঙা মূৰটো আঠা লগোৱা অংশত সুমুৱাই দি সি লাহে লাহে ছেফটিপিন এফালে হেঁচি নিবলৈ ধৰিলে৷ ফলত এটা সময়ত লেফাফাৰ মুখখন মুকলি হৈ পৰিল আৰু সি চিঠিখন সন্তর্পণে উলিয়াই পঢ়ি চাই স্তম্ভিত হৈ পৰিল।

কাগজ টুকুৰাত লিখা আছিল- চিঠিখন হাতত পৰাৰ লগে লগে পত্ৰবাহকৰ শিৰশ্ছেদ কৰিবা।'

টেটনে ঘূৰাই-পকাই চিঠিখন কেবাবাৰো পঢ়ি চিঠিখন পুনৰ লেফাফাত ভৰাই আগৰ দৰে মুখ বন্ধ কৰি ভাবিৱলৈ ধৰিলে, সি কি কৰে এতিয়া! চিঠিখন কটোৱালৰ হাতত দিয়াৰ লগে লগে কটোৱালে তাৰ শিৰশ্ছেদ কৰিব আৰু নিদিলেও জমিদাৰে তাক সুদাই নেৰিবএতিয়া এই বিপদৰ পৰা সি ৰক্ষা পৰে কেনেকৈ!

এইদৰে ভাৱি ভাৱি কিছুদূৰ অহাৰ পাছত সি দেখিলে, দীপকে কেইজনমান লৰাৰ লগত মাৰ্বল খেলি আছে। দীপকে মাৰ্বল খেলত হাৰি বিষাদ মনেৰে টেটনৰ বাবেই অপেক্ষা কৰি আছিল। কাৰণ টেটন মাৰ্বল খেলত পাকৈত। গতিকে সি টেটনক দেখি উৎসাহিত হৈ উঠিল। কলে- টেটন, মই খেলত বহু মাৰ্বল হাৰিছোঁ। তুমি খেলি মাৰ্বল কেইটা জিকি দিয়া।

তীখৰে ইমান সময়ে ভাবি থকা সমস্যাটোৰ সমাধান সুত্র পাই মনে মনে উৎসাহিত হৈ উঠিল, কিন্তু সি মনৰ ভাৱ গোপন কৰি খেলৰ কাৰণে অনিচ্ছা প্ৰকাশ কৰি ক'লে- মই এতিয়া খেলিব নোৱাৰিম। তোমাৰ দেউতাৰাই কটোৱালক দিবলৈ মোৰ হাতত চিঠি এখন দি পঠাইছে। চিঠিখন মই এতিয়াই গৈ কটোৱালক দিব লাগিব।

কটোৱালৰ ঘৰ খেলি থকা ঠাইৰ পৰা অনতিদূৰতে। গতিকে দীপকে উৎসাহিত কণ্ঠত কলে- বাৰু, চিঠিখন মোক দিয়া। ময়ে দি আহোঁগৈ৷

কিন্তু দেউতাৰাই গম পালে যদি খং কৰে? টেটনে অসুবিধাৰ কথা ব্যক্ত কৰিলে।

দীপকে নিশ্চয়তা প্রদান কৰি ক'লে- মই নকলে গম পাব কেনেকৈ? মই চিঠিখন দি আহিম। তুমি নিশ্চিন্ত মনে খেলি থাকা।

টেটনৰ চিঠিখন দীপকৰ হাতত দিয়াৰ ইচ্ছা নাছিল। কাৰণ দীপকে চিঠিখন নি কটোৱালৰ হাতত দিলেই তাৰ মৃত্যু অনিবার্য। ইফালে ইমানদিনে দীপকৰ লগত টেটনৰ হৃদ্যতাও গঢ়ি উঠিছে। দীপকৰ স্বভাৱ চৰিত্ৰও ভাল৷ টেটনৰো খুবেই ভক্ত৷ গতিকে দীপকৰ নিশ্চিত মৃত্যুৰ কথা ভাবি টেটনৰ মনটো ভাৰাক্ৰান্ত হৈ উঠিল৷ পাছমুহূৰ্ততে সি ভাবিলে, দীপক মৰিলে মৰক,তাত তাৰ কি আহে যায়! বাপেক যেনেকুৱা, ডাঙৰ হলে দীপকো তেনেকুৱাই ব। বাপেক চাইহে পুতেক। গতিকে পাপ কলিতে শেষ হৈ যোৱাই ভাল৷ ইয়াততো তাৰ কোনো দোষ নাই! সকলো দোষ জমিদাৰৰহে। গতিকে দীপক মৰে যদি মৰক। দীপক মৰি বাচক আৰু পুত্ৰ শোকত দগ্ধ হৈ জমিদাৰে জীয়াই জীয়াই মৰক। যেনে কুকুৰ তেনে টাঙোন মাৰাই বিধি।

এইদৰে ভাবি টেটনে দীপকৰ হাতত চিঠিখন দিলে। দীপকে দৌৰি গৈ কটোৱালৰ হাতত চিঠিখন দিলে।

চিঠি পঢ়ি কটোৱাল শিল পৰা কপৌৰ দৰে থৰ লাগি গ'ল৷ জমিদাৰৰ ই কেনেকুৱা নিৰ্মৰ্ম আদেশ! নিজৰ পুত্ৰৰ শিৰশ্ছেদৰ আদেশ! জমিদাৰে ভুল আদেশ দিয়া নাইতো? কিন্তু সি এই কথাৰ ভূ লয় কেনেকৈ? ইফালে জমিদাৰে তাক মানুহ মাৰিবলৈহে ৰাখিছে। মানুহ মাৰাৰ কাৰণেই তাক বেতন দিয়ে। এতিয়া জমিদাৰৰ লৰা বুলি যদি দীপকক নামাৰি এৰি দিয়ে, তেনেহ'লে তাৰ চাকৰিও যাব পাৰে! তেতিয়া সি লৰা-ছোৱালীলৈ কি খাই জীয়াই থাকিব? গোলামৰ কৰ্তব্য হল মনিবৰ আদেশ পালন কৰা, ন্যায়-অন্যায়, ভাল-বেয়া বিচাৰ কৰা নহয়৷ তদুপৰি ন্যায়-অন্যায়, ভাল-বেয়া বিচাৰ কৰাৰ কাৰণে তাক বেতন দি পুহি ৰখা নাই নহয়৷ এইদৰে মনতে ভাৱি সি তৰোৱালখন উলিয়াই একেঘাপে দীপকৰ শিৰশ্ছেদ কৰিলে।

অলপ সময়ৰ ভিতৰতে বনজুইৰ দৰে কথাটো ৰাষ্ট্ৰ হৈ পৰিল ৷ জমিদাৰ বলিয়াৰ দৰে কটোৱালৰ গৃহাভিমুখে ৰাওনা হল।

বাটত টেটনৰ লগত জমিদাৰৰ দেখা হল।

টেটনে তলমূৰ কৰি ভাৰাক্ৰান্ত হৃদয়েৰে ক'লে- আপোনাক মই আগতেই দেখোন সজাগ কৰি দিছিলো, যিজনে বাট এৰি অবাটে যায়, সি গাঁতত পৰি মৰে। মই সৰু লৰা বুলি মোৰ কথা ভ্রুক্ষেপ নকৰিলে৷ এতিয়া দেখিলেনে মই কোৱা কথাৰ গুৰুত্ব।

                   যিজনে পৰৰ কাৰণে গাঁত খান্দে

                  সি নিজেই সেই গাঁতত পৰি মৰে।।

            

                                           পীৰ কালচাৰ

ইছলাম ধৰ্মত মৌলবীসকলৰ পাছতে ছুফী পীৰসকলৰ প্ৰাধান্য৷ তেনেকুৱা এজন চুফী পীৰ আছিল আচাদুল্যা পীৰ চাহাব। পীৰ হিচাপে   তেওঁৰ যথেষ্ট জনপ্রিয়তাও আছিলতেওঁৰ অলেখ শিষ্য আছিল। শিষ্যসকলৰ প্ৰায় ভাগে আছিল অশিক্ষিতসেই অশিক্ষিত শিষ্যসকলৰ ভিতৰত ছলিমুদ্দিন আৰু কলিমুদ্দিন পীৰ চাহাবৰ অতি প্রিয় শিষ্য আছিল। উভয়ে পীৰ চাহাবক নিজৰ আত্মাৰ অংশ বুলি জ্ঞান কৰিছিল।পীৰে যি কৈছিল তাকে নির্বিবাদে পালন কৰিছিল। পীৰ চাহাব ঘৰলৈ আহিলে নানা ধৰণৰ উপাদেয় খাদ্যবস্তুৰে আপ্যায়িত কৰাৰ লগতে হাত-ভৰিও মালিচ কৰি দিছিল। ফলত পীৰ চাহাব সিহঁতৰ প্ৰতি খুবেই প্রসন্ন আছিল। গতিকে পীৰ চাহাব যলৈ গৈছিল কলিমুদিন আৰু ছলিমুদ্দিনক প্ৰায়ে লগত লৈ গৈছিল।

কলিমুদ্দিন আৰু ছলিমুদ্দিন একেলগ হলেই পীৰ চাহাবৰ হাত-ভৰি মালিচ কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। কোনে কোনখন হাত আৰু কোনখন ভৰি মালিচ কৰিব ইয়াকেলৈ কেতিয়াবা সিহঁতৰ মাজত তর্কলাগিছিল। মালিচৰ সময়ত তৰ্ক লাগিলে মালিচৰ ছন্দ পতন হোৱাটো স্বাভাৱিক। ছন্দ পতন হলে পীৰ চাহাবে অস্বস্তি অনুভব কৰাটোও স্বাভাৱিক।

এদিন এঠাইলৈ যাওঁতে কলিমুদ্দিন আৰু ছলিমুদ্দিন উভয়ে পীৰ চাহাবৰ লগত গৈছিল। খোৱা-লোৱাৰ পাছত পীচাহাবে তাছাউফ(আধ্যাত্মিক)ৰ নিগূঢ় তত্ত্ব আলোচনা কৰি আছিল। আলোচনা চলি থাকোঁতে কলিমুদ্দিন আৰু ছলিমুদ্দিনে ৰুটিন মাফিক পীৰচাহাবৰ হাত-ভৰি মালিচ কৰি আছিল। এয়াই নিয়ম আছিলকাৰণ পীৰ চাহাব যিমান সন্তুষ্ট হব সিমানে নিগূঢ় তত্ত্ববোৰ সলসলীয়াকৈ কৈ যাব।

কিন্তু হঠাৎ লাগিল লেঠা। হাত-ভৰিৰ ভাগলৈ দুয়োৰে মাজত তৰ্ক লাগিল। ফলত মালিচৰ ছন্দ পতন হল। মালিচৰ ছন্দ পতন হোৱাত পীচাহাবে অস্বস্তি অনুভব কৰিবলৈ ধৰিলে। কিন্তু কাকনো কি কয়! উভয়ে তেওঁৰ প্রিয় শিষ্য। এজনৰ পক্ষ ললে আনজনে বেয়া পাব। সেয়ে পীচাহাবে এটা বুদ্ধি পাঙিলে।

লটাৰীযোগে উভয়ৰ মাজত হাত-ভৰি ভগাই দিলেছলিমুদ্দিনৰ ভাগত পৰিল সোঁহাত আৰু সোঁভৰি কলিমুদ্দিনৰ ভাগত পৰিল বাঁওহাত আৰু বাঁও ভৰি। বাঁও ভৰিখন কলিমুদ্দিনৰ সিমান মনঃপুত নহল যদিও পীৰৰ আদেশ শিৰোধাৰ্য কৰি সি বাঁও ভৰিখনকে মানি ললে আৰু উভয়ে পীৰ চাহাবে ভগাই দিয়া ধৰণে হাত-ভৰি মালিচ কৰিবলৈ ধৰিলে। ফলত পীৰ চাহাবে স্বস্তি পালে। শেষত পৰৱৰ্ত্তী পৰ্যায়ৰ কাৰণেও এই নিয়ম বাহাল হৈ গ'ল আৰু উভয়ে পীৰ চাহাবে ভগাই দিয়া মতে হাত-ভৰি মালিচ কৰি থাকিল।

এদিন পীচাহাব কলিমুদ্দিনৰ ঘৰলৈ যাওঁতে ৰাতি ভাত-পানী খাই উঠাৰ পাছত পীচাহাবে তাছাউফৰ নিগূঢ় তত্ত্ব আলোচনা কৰি আছিল আৰু কলিমুদ্দিনে নিজৰ ভাগৰ হাত-ভৰি মালিচ কৰি আছিল। বাঁওভৰি আৰু বাঁওহাত মালিচ কৰাৰ ফলত পীৰ চাহাবে সোঁভৰি আৰু সোঁ হাতত অস্বস্তি অনুভব কৰিবলৈ ধৰিলসেয়ে পীৰ চাহাবে কলে- কলিমুদ্দিন, ছলিমুদ্দিনৰ ভাগৰ হাত-ভৰি যোৰো অকণমান মালিচ কৰি দিয়াচোন৷ বৰ অস্বত্বি অনুভব কৰি আছো।

পীৰৰ আদেশ অমান্য কৰা মহাপাপ। গতিকে অনচ্ছিা সত্ত্বেও কলিমুদ্দিনে ছলিমুদ্দিনৰ ভাগৰ হাত-ভৰিও মালিচ কৰি দিলে। নিজৰ ভাগৰ নহয় বুলি অমনোযোগিতা বশতঃই হওঁক নাইবা ছলিমুদ্দিনৰ ভাগৰ বুলি ঈৰ্ষা বশতঃই হওঁক মালিচ কৰাৰ সময়ত ছলিমুদ্দিনৰ ভাগৰ ভৰিত অকণমান মোচোকা খালে। সি যিয়ে নহওঁক, পাছদিনা পীৰ চাহাব অলপ খোৰাই খোৰাই খোজ কঢ়িব লগা হল আৰু তেনেকৈয়ে ছলিমুদ্দিনৰ ঘৰলৈ বুলি ৰাওনা হল।

আধা বাটমান অহাৰ পাছত বাটত ছলিমুদ্দিনৰ লগত পীৰচাহাবৰ সাক্ষাৎ হল। কাৰণ ছলিমুদ্দিনে পীৰ চাহাবক নিজৰ ঘৰলৈ বুলি আগবঢ়াই নিবলৈ আহিছিল। কিন্তু পীৰ চাহাবক খোৰাই খোৰাই খোজ কঢ়া দেখি ছলিমুদ্দিনে কৌতুহলবশতঃ সুধিলে- হুজুৰ, তেনেকৈ খোৰাই খোৰাই খোজ কাঢ়িছে কিয়?

পীৰ চাহাবে বিষত কেঁকাই কেঁকাই ক'লে- এঃ, নকবি বোপা, কলিমুদ্দিনে তোৰ ভাগৰ ভৰি মালিচ কৰাৰ সময়ত ভৰিৰ এই অৱস্থা কৰিছে। উঃ! বৰ বিষ। হয়তো মোচোকা খাইছে। বিষত একেবাৰে তৰণি নোপোৱা হৈছো

পীৰচাহাবৰ কথা শুনি ছলিমুদ্দিন খঙত জ্বলি-পকি উঠিল- কি কলে? কলিমুদ্দিনৰ ইমান সাহ! মোৰ ভাগৰ ভৰি মোচোকাই দিছে? মোৰ ভাগৰ ভৰি মোচোকাইছে যদি তাৰ ভাগৰ ভৰি অক্ষত ৰাখিম নেকি? এইদৰে কৈ ছলিমুদ্দিনে পীৰ চাহাবৰ বাঁও ভৰিখন ধৰি মোচোকাই দিলে। বিষত অস্থিৰ হৈ পীৰ চাহাব মাটিত লেপেটা কাঢ়ি বহি পৰিল৷

অত্যধিক গুৰুভক্তিৰ ফলত অৱশেষত পীচাহাব সাঙীত উঠি ছলিমুদ্দিনৰ ঘৰলৈ যাব লগা হ'ল।

                  অতি ভক্তি চোৰৰ লক্ষণ

                 পীৰ চাহাবৰ সাঙীত গমন।

 

                    দাঢ়িলৈ টনা-আজোৰা

মানুহজনৰ নাম নিবোকা। নিবোকা মানে নিবোকাই। কথা কমকৈ কয়। সংসাৰৰ আও-ভাও নুবুজে। আপোনভোলা মানুহ। কিন্তু তাৰ ঘৈণীয়েকজনী আছিল ম'হতকৈও শিং চৰা বিধৰ। চালনীৰ ফুটা গণি খোৱা তীখৰ গৃহিণী। বতৰৰ ফল-মূল, হাঁহ-কুকুৰা, কণী আদিৰ অভাৱ নাই ঘৰখনত৷ খাই অঁটোৱাৰ পাছত ইবিধ সিবিধ বস্তু বিক্ৰী কৰিব পাৰেকিন্তু ঘৰৰ মানুহজন তেনেই নিবোকা হোৱা বাবে বিক্ৰী কৰিবলৈ দিয়া বস্তু আনতকৈ বহু কম দামত বিক্ৰী কৰি আহে। ইয়াকে লৈ ঘৈণীয়েকৰ মনত বৰ বেজাৰ। এদিন তাই গিৰিয়েকক কলে- তুমি আনতকৈ সদায় কম দামত বস্তু বিক্ৰী কৰা। তুমি দামলৈ মুঠেই টনা-আঁজোৰা নকৰা। গ্রাহকে যি মূল্য দিয়ে সেই মূল্যতে পানীৰ দামত বিক্ৰী কৰি আহা। বেছি মূল্য পাবলৈ হ'লে দামলৈ অলপ টনা-আঁজোৰা কৰিব লাগে। তুমি বোধকৰো দামলৈ মুঠেই টনা-আঁজোৰা নকৰা। আনতকৈ কম দামত বিক্ৰী কৰিলে সংসাৰ চলিব কেনেকৈ? অলপ টনা-আঁজোৰা কৰিবলৈ শিকিবা।

ঘৈণীয়েকক শলাগি নিবোকা বস্তুকেইপদলৈ বজাৰলৈ বুলি ওলাই আহিল। কিন্তু সিদিনাও দামলৈ টনা-আঁজোৰা কৰা নহল। যিয়ে যি দাম দিলে সেই দামতে বস্তু বিক্ৰী কৰি ঘৰমুৱা হল। ঘৰলৈ আহি গামোচাৰ গাঁঠিত বান্ধি অনা টকাবোৰ গামোচাৰে সৈতে ঘৈণীয়েকৰ হাতত দিলে। ঘৈণীয়েকে গামোচাৰ গাঁঠি খুলি টকাবোৰ হিচাপ কৰি ক'লে- যিমান হব লাগিছিল সিমান নহল দেখোন? তাৰ মানে তুমি আজিও দামলৈ টনা-আঁজোৰ নকৰিলা?

নিবোকাই মূৰ খজুৱাইল খজুৱাই কলে- এৰা, পাহৰিলো। ঠিক আছে, কাইলৈ তুমি কোৱা মতেই টনা-আঁজোৰা কৰিম। কাইলৈ নিশ্চয় নাপাহৰো।

নিবোকা পাছদিনা আকৌ কণী কেইটামান লৈ বজাৰলৈ আহিল। কিন্তু সিদিনাও দামলৈ টনা-আঁজোৰাৰ কথা পাহৰিলে। গ্ৰাহকে যঁচা দামতে কণীবোৰ বিক্ৰী কৰি ঘৰমূৱা হ'ল। ঘৰ পাবলৈ কিছু দূৰ থাকোঁতে হঠাৎ তাৰ টনা-আঁজোৰাৰ কথা মনত পৰিল। আও, আজিও দেখোন টনা-আঁজোৰা কৰা নহল! ঘৰলৈ যোৱাৰ পাছত ঘৈণীয়েকে টনা-আঁজোৰাৰ কথা সুধিলে সি কি বুলি উত্তৰ দিব? ঘৈণীয়েকে জানো তাক সুদাই এৰিব? যিহে মুখ চোকা তিৰোতা! ঘৈণীয়েকৰপৰা তিৰস্কৃত হোৱাৰ ভয়ত সি তেনেই লেউসেউ হৈ ঘৈণীয়েকে টনা-আঁজোৰাৰ কথা সুধিলে কি বুলি ক তাকে ভাবি বেজাৰ মনেৰে এঠাইত বহি পৰিল।

তেনেকৈ বহি থাকোঁতে হঠাৎ তাৰ এজোপা বিৰিণা বনৰ ফালে চকু গল। বিৰিণা জোপা দেখি তাৰ মনত এটা বুদ্ধি খেলালে । তাৰ মুখ-মণ্ডলত দীঘল দীঘল দাঢ়ি আছিল। দামলৈ টনা-আঁজোৰা নকৰিলেও বিৰিণাত দাঢ়ি বান্ধিও দেখোন সি টনা-আঁজোৰা কৰিব পাৰে ! ঘৈণীয়েকে সুধিলে তেতিয়া অন্ততঃ সি মিছা মাতিব নালাগিব। বুকু ফিন্দাই টনা-আঁজোৰাৰ কথা কব পাৰিব। ভবা মতেই কাম। সি বিৰিণা জোপাৰ লগত দাঢ়ি বান্ধি গাৰ বল আছে মানে টনা-আঁজোৰা কৰিবলৈ ধৰিলে। টনা-আঁজোৰাৰ ফলত এডাল দুডালকৈ দাঢ়ি চিঙি শেষ মুহূর্তত আটাই সোপা দাঢ়ি চিঙি সি চিত ভলঙা দি লুটি খাই পৰিল।

নিবোকা কোনোমতে থিয় হল যদিও সি মুখমণ্ডলত বিষ অনুভৱ কৰিবলৈ ধৰিলে। সেয়ে কিনো হল বুলি সি মুখমণ্ডলত হাত বুলালে৷ তাৰ হাতত তেজৰ চেকা লাগি আহিল আৰু টোপা-টোপে তেজ সৰি কিছু সময় পাছত তাৰ কাপোৰ-কানি ৰঙচুৱা হৈ পৰিল।

সি বিষত কেঁকাই-গেঁথাই তেজেৰে লুতুৰি-পুতুৰি মুখমণ্ডললৈ ঘৰমুৱা হ'ল। বাটে বাটে আহোঁতে বহুতে মুখমণ্ডলত তেজ লগাৰ কাৰণ সুধিলে যদিও সি কোনো ধৰণৰ উত্তৰ নিদিলে। সি নিবোকা বুলি মানুহে জানে। সেয়ে কোনেও বিশেষ জোৰ নকৰিলে

ঘৰলৈ আহি সি বেজাৰ মনেৰে বাৰাণ্ডাত বহি পৰিল। ঘৈণীয়েক পাক ঘৰত কিবা কামত ব্যস্ত হৈ আছিল । আনদিনা বজাৰৰ পৰা আহিয়ে ঘৈণীয়েকক মাতি টকা-পইচা দিয়ে। সিদিনা মনে মনে আহি বাৰাণ্ডাত বহি পৰাত কি হল বুলি ঘৈণীয়েক পাক ঘৰৰপৰা ওলাই আহিল।

নিবোকাৰ তেজেৰে লুতুৰি-পুতুৰি মুখমণ্ডললৈ লক্ষ্য কৰি ঘৈণীয়েকে বিচূৰ্ত্তি খাই ক'লে- আও, ই কি কথা! মুখমণ্ডল দেখোন তেজেৰে লুতুৰি-পুতুৰি!কি হ? মুখমণ্ডলত ইমান তেজ কিহৰ? তোমাৰ দাঢ়ি কলৈ গ'?

নিবোকাই বিষত কেঁকাই-গেঁথাই কলে- তুমি কোৱা মতে দামলৈ টনা-আঁজোৰা কৰিবলৈ পাহৰি মানুহে যচা দামতে বস্তুবোৰ বিক্ৰী কৰি আহিছিলো। তুমি টনা-আঁজোৰাৰ কথা সুধিলে কি ক, সেই ভয়ত বিৰিণা এজোপাত দাঢ়ি বান্ধি টনা-আঁজোৰা কৰিবলৈ যাওঁতে দাঢ়িবোৰ চিঙি বিৰিণা জোপাতে ৰৈ থাকিল আৰু মোৰ এই অৱস্থা হ'ল।

ঘৈণীয়েকে উৰহীৰ ওৰ বিচাৰি পাই তিৰস্কাৰৰ সুৰত ক'লে- তোমাক লৈ কোনোদিনে মোৰ সুখ নহ'ব। বাৰু, যি হবৰ আছিল, ল। তুমি আৰু দামলৈ টনা-আঁজোৰা কৰিব নালাগে। তুমি যেনেকৈ চলি আছা তেনেকৈয়ে চলি থাকা। মই পানী তপতাই আনি আছো। গৰম পানীৰে তেজৰ চেঁকুৰাবোৰ ধুই মলম লগাই দিব লাগিব। এইদৰে কৈ ঘৈণীয়েকে পানী তপতাবলৈ গ'ল আৰু নিবোকা কেঁকাই-গেথাই মাটিত লেপেটা কাঢ়ি বহি থাকিল।

                   দাঢ়িলৈ টনা-আঁজোৰা কৰি

                   নিবোকাই হেৰুৱালে দাঢ়ি।।              

              পটা-ৰহস্য

এদিন এহাল দম্পত্তিৰ মাজত কাজিয়া লাগিল। বহুপৰ বাক্-যুদ্ধৰ পাছত গিৰিয়েকে ক'লে- তোমাৰ লগত আৰু নোৱাৰিছোঁ। এইদৰে তোমাৰ গেন্‌গেননি পেন্‌পেননি, গালি-গালাজ শুনি থকাতকৈ পানীত ডুবি মৰাই উত্তম হব।

নমৰেনো কিয়। কোনে মৰিবলৈ মানা কৰিছে? আপুনি মৰিলে ময়ো ৰক্ষা পৰোঁ? ঘৈণীয়েকে উচাট মাৰি ক'লে।

আজি নিশ্চয় আপোনঘাতী হৈ মৰিম। চাবা, মৰাৰ পাছত যাতে আকৌ হিয়া-ঢাকুৰি নাকান্দা। গিৰিয়েকে ঘৈণীয়েকক সাৱধান কৰি দিলে।

আপোনঘাতী হৈ মৰিবলৈও সাহসৰ প্ৰয়োজন, বুইছে। আপোনাৰ দৰে মানুহৰ আপোনঘাতী হৈ মৰাৰ সাহস আছে জানো?

কি কলা? মোৰ আপোনঘাতী হৈ মৰাৰ সাহস নাই! চাই থাকা মৰিব পাৰোঁ, নে নাই। মৰিম। আজি নিশ্চয় মৰিম। এতিয়াই মৰিম।

এইদৰে কৈ গিৰিয়েক বীৰদৰ্পে ঘৰৰ ভিতৰৰপৰা ওলাই গ'ল।

গিৰিয়েকক ওলাই যোৱা দেখি ঘৈণীয়েকে ৰিঙিয়াই কলে- যাওঁক যাওঁক, ত মৰে মৰকগৈ। আপুনি মৰিলে মই ভালেই পাম। কলিজা শাঁত পৰিব। আপোনাৰ দৰে পুৰুষৰ মোৰ দৰ্কাৰ নাই। এইদৰে কৈ ঘৈণীয়েকে দুৱাৰ বন্ধ কৰি উচাট মাৰি গৈ বিছনাত শুই পৰিল।

মানুহজন ঘৰৰপৰা ওলাই আহি চোতালত থিয় দি থাকিল। আচলতে ঘৈণীয়েকৰ কথাই ঠিক। মৰিবলৈ তাৰ মুঠেই সাহস নাই বা ইচ্ছাও নাই। সেয়ে খঙৰ ভমকত আত্মহত্যাৰ কথা কৈ সি মহা সমস্যাত পৰিল। ভাবিছিল, আত্মহত্যাৰ কথা কলে ভয় খাই ঘৈণীয়েকে তাক আত্মহত্যা নকৰিবলৈ কাকুতি-মিনতি কৰিব। তাৰ পিছে পিছে লৰি আহি হাতে-ভৰিয়ে ধৰি ঘৰৰ ভিতৰলৈ টানি নিব। কিন্তু কাকুতি-মিনতিতো দূৰৰে কথা মুখৰ মাত এষাৰ নিদিয়াকৈয়ে তাৰ চকুৰ সন্মুখতে দুৱাৰ বন্ধ কৰি শুই পৰিল। এতিয়া কোন সতেৰেনো সি দুৱাৰ খুলিবলৈ কাকুতি-মিনতি কৰে!

চোতালত থিয় দি এইবোৰ কথা মনতে গুণা-গঁথা কৰি মানুহজন পাকঘৰৰ ভিতৰলৈ সোমাই আহিল। সি পীৰা এখন আনি জুহালৰ কাষত বহি ঘৈণীয়েকে মাতি নিয়াৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে। ঘৰৰ ভিতৰত ঘৈণীয়েকে বাগৰ সলালেই সি কাণ পোণাই ভাবে, এইবাৰ নিশ্চয় হাত-ভৰি ধৰি কাকুতি-মিনতি কৰি মাতি নিবলৈ ওলাই আহিব। কিন্তু নাই, সি ভবা মতে নহল। এঘণ্টামান অপেক্ষা কৰাৰ পাছতো ঘৈণীয়েক ওলাই নাহিল বা সি কত আছে, কি কৰিছে এই বিষয়েও কোনো খা-খবৰ নল'লে।

ঘৈণীয়েকৰ আচৰণত মানুহজনৰ ভীষণ খং উঠি গ'ল। অনুশোচনাও হল তাৰ। আজিলৈ বিছ বছৰ ধৰি সি দেহৰ ঘাম মাটিত সৰাই কিমান কষ্ট কৰি তাইক খুৱাইছে-বোৱাইছে। লাগ বুলিলে প্রয়োজনীয় বস্তু আনি দিছে। তাৰ এই প্ৰতিদান নেকি? তাৰ মৰাৰ কথা শুনিও তাই কেনেকৈ নিশ্চিন্ত মনে শুই থাকিব পাৰিছে! ইমান দিনে সি এনেকুৱা নিষ্ঠুৰা তিৰোতাক লৈ ঘৰ-সংসাৰ কৰি আছে নেকি? এনেকুৱা তিৰোতাকলৈ ঘৰ-সংসাৰ কৰাতকৈ আচলতে সি মৰাই উচিত। কিন্তু মৰিবলৈ যে তাৰ মুঠেই সাহস নাই। সি কি কৰে এতিয়া! হঠাৎ তাৰ পাক ঘৰত থকা মচলা বটা পটাটোলৈ চকু গল। পটাটো দেখি তাৰ মনত এটা বুদ্ধি খেলালে। মচলা বটা পটাটো কুঁৱাৰ পানীত পেলাই সি কুঁৱাৰ পানীত পৰি মৰাৰ অভিনয় কৰি দেখুৱাব পাৰে দেখোন!

ভবা মতেই সি পটাটো লৈ কুঁৱাৰ পাৰলৈ আহিল। পটাটো হাতত লৈ সি ঘৈণীয়েকে মতাৰ আশাত পুনৰ কিছু সময় কাণ পোণাই থিয় দি থাকিল। কিন্তু নাই, ঘৈণীয়েক অহাৰ কোনো লক্ষণ নাই। শেষত থিৰ কৰিলে যে, পটাটো কুঁৱাৰ পানীত পেলাই সি পিছফালে থকা বাৰীলৈ গৈ জোপোহানিৰ মাজত লুকাই থাকিব আৰু পটাটো পানীত পৰাৰ ফলত যি শব্দ হব তাকেই সি পানীত জঁপিয়াই পৰা বুলি ভাবি ঘৈণীয়েকে হুৱা-দুৱা লগাব। কিন্তু ঘৈণীয়েক যদি টোপনি গৈছে, তেনেহলে তাৰ সকলো প্রচেষ্টা অথলে যাব। সেয়ে সি ঘৈণীয়েক সাৰে আছে, নে টোপনি গৈছে তাৰ উমান লবলৈ কুঁৱাৰ পাৰৰপৰা লাহে লাহে তাৰ শোৱনি কোঠাৰ ওচৰলৈ আহি বেৰৰ লগত কাণ লগালে। ঘৈণীয়েকে টোপনি গলে মৃদু নাক ঢকাৰ শব্দ হয়। কিন্তু নাই কোনো ধৰণৰ শব্দ হোৱা নাই। তাৰ মানে ঘৈণীয়েক সাৰে আছে। তাৰ কাৰণে এয়াই সুবর্ণ সুযোগ। এতিয়া পটাটো পানীত পেলালে নিশ্চয় তাই পটাটো পানীত পৰাৰ শব্দ শুনিবলৈ পাব। এইদৰে নিশ্চিত হৈ সি সন্তৰ্পণে পুনৰ কুঁৱাৰ পাৰলৈ আহিল।

কুঁৱাৰ পাৰলৈ আহি সি ঘৈণীয়েকক শুনোৱাৰ কাৰণে নিজকে নিজে কোৱাদি উচ্চকণ্ঠত কবলৈ ধৰিলে- বাৰু, মোৰ প্ৰতি কাৰো মৰম নাই যেতিয়া মই সঁচাকৈয়ে কুঁৱাৰ পানীত জঁপিয়াই আত্মহত্যা কৰিম। তেতিয়া বুকু ঢকিয়াই কান্দিলেও কাৰো একো লাভ নহ'ব।'

সি ভবা মতেই ঘৈণীয়েক সাৰে আছিল। তাৰ কথা শেষ হবলৈ নৌপাওঁতেই তাই ঘৰৰ ভিতৰৰপৰা ৰিঙিয়াই ক'লে- কোনেনো মানা কৰিছে। মৰিব খুজিছে যদি নমৰে কিয়। আপুনি মৰিলে মই ভালেই পাম। গা শাঁত পৰিব।

অৱশেষত নিৰূপায় হৈ সি হে আই গংগা, তুমি মোক তোমাৰ বুকুত আশ্রয় দিয়াবুলি কৈ পটাটো কুঁৱাৰ পানীলৈ বুলি দলিয়াই দি আগতে ভাবি থোৱা মতে মনে মনে পিছফালে থকা বাৰীলৈ গৈ জোপোহাৰ আঁৰত লুকাই পৰিল।

মানুহজনে ভবা মতেই হল। পটাটো পানীত পৰাৰ ফলত থেপাতকৈ যি শব্দ হল তাকেই ঘৈণীয়েকে মানুহজন নিজেই কুঁৱাত জঁপিয়াই পৰা বুলি ভাবি হুৱা-দুৱা লগাই দুৱাৰ খুলি ঘৰৰপৰা ওলাই দৌৰি কুঁৱাৰ পাৰলৈ আহিল ৷ কোন কত আছে, বেগতে আহক। ঘৰৰ মানুহজন কুঁৱাত জঁপিয়াই আপোনঘাতী হৈ মৰিল। হেৰৌ, সোনকালে আহক। মানুহজনক বচাওঁক।' এইদৰে বিলাপ কৰি ঘৈণীয়েকে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। তাইৰ কান্দোনৰ শব্দ শুনি ওচৰ-চুবুৰীয়া দৌৰি আহিল৷ চুবুৰীয়াসকলৰ মাজৰপৰা এজনে সুধিলে- কি হ, এনেকৈ হুৱা-দুৱাখন লগাইছা কিয়?

তিৰোতাজনীয়ে বুকুত ঢকিয়াই ঢকিয়াই কান্দি কলে-মোৰ ঘৰৰ মানুহজন কুঁৱাত পৰি আপোনঘাতী হৈ মৰিল ঐ৷ মোৰ পোৰা কপাল ঐ। মানুহজন আপোনঘাতী হৈ মৰিব বুলি কোৱাত মোক ভয় খুৱাবলৈ কৈছে বুলি ভাবি মই পোৰা কপালীয়ে হকাবধা নকৰিলো৷ তাৰ ফল মই হাতে হাতে পালো ঐ।' এইদৰে ইনাই বিনাই তিৰোতাজনীয়ে আনুপূর্বিক ঘটনা ভাঙিপাতি কলে।

ঘটনাৰ বিৱৰণ শুনি মানুহ এজনে দীঘল বাঁহ এডাল আনি কুঁৱাত নমাই দি ক'লে- যদি জীয়াই আছা এই বাঁহডাল ধৰি উঠি আহা।

নাই কোনো সাৰসুৰ নাই। এজনে কুঁৱাৰ পানীত টৰ্চৰ পোহৰ পেলাই চালে; কিন্তু পানীৰ বাহিৰে একো চকুত নপৰিল। কুঁৱাৰ পানী নিথৰ হৈ আছে। কোনো জন-প্ৰাণীৰ চিন-চাব নাই পানীত। বহু সময় অপেক্ষা কৰাৰ পাছতো মানুহজনৰ কোনো শুংসূত্র নাপাই এজনে হতাশভাবে কলে- ইমান সময় অপেক্ষা কৰাৰ পাছতো যেতিয়া কোনো সাৰসুৰ নাই, মানুহজন নিশ্চয় জীয়াই থকা নাই। কুঁৱাত নামি চাব পাৰিলে কিবা শুংসূত্ৰ পোৱা গ'লহেঁতেন।

এজনে হতাশ কণ্ঠত কলে- আপোনাৰ কথাই ঠিক। যি ঠাণ্ডা পৰিছে ইমান সময়ত মৰিছেই হয়তো। এই ৰাতিখন কোনে নামিব কুঁৱাৰ পানীত। কাইলৈ দিন-দুপৰতে শৱটো তোলাৰ ব্যৱস্থা কৰিব লাগিব।

মানুহজনৰ কথাত আটায়ে হয়ভৰ দিলে। ইয়াৰ পাছত তিৰোতাজনীক সান্ত্বনা দি মানুহবিলাক ঘৰা-ঘৰি গুচি গ'ল। মানুহবিলাক গুচি যোৱাৰ পাছত তিৰোতাজনী ঘৰৰ ভিতৰলৈ আহি হিয়া ঢাকুৰি ইনাই-বিনাই কান্দিবলৈ ধৰিলে- বাঁহডাল কুঁৱাৰ পানীতে নমাই থোৱা আছে।যদি জীয়াই আছে বাঁহডাল বগাই কুঁৱাৰ পাৰলৈ উঠি আহক। আপোনাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম! মই আৰু কোনো দিনে আপোনাৰ লগত কাজিয়া নকৰোঁ। আপুনি যেনেকৈ কয় তেনেকৈয়ে চলিম মই।

ইফালে মানুহবিলাক ঘৰা-ঘৰি গুচি যোৱাৰ পাছত মানুহজন জোপোহানিৰ মাজৰপৰা ওলাই সন্তর্পণে কুঁৱাৰ পাৰলৈ আহি মনে মনে ৰৈ আছিল৷ তিৰোতাজনীৰ বিননি শুনি তাইৰ শিক্ষা হোৱা বুলি ভাবি মানুহজনে ক'লেপুনৰ কোনোদিন কাজিয়া নকৰ বুলি শপত খালে ওলাই আহিব পাৰো। মই মৰা নাই। তোক ভয় খুৱাবলৈহে পটাটো কুঁৱাৰ পানীত পেলাইছো।

মানুহজনৰ মাত শুনি তিৰোতাজনী দৌৰি কুঁৱাৰ পাৰলৈ আহিল। দেখিলে, মানুহজনে মুখত এমোকোৰা হাঁহিলৈ কুঁৱাৰ পাৰত থিয় দি আছে। তিৰোতাজনীয়ে আথে-বেথে মানুহজনক ঘৰৰ ভিতৰলৈ লৈ আহিল। সিদিনাৰ ঘটনা সিমানতে অন্ত পৰিল।

মানুহে কথাতে কয়, কয়লা ধুলে ময়লা নাযায়। ঠিক তেনেকৈ মানুহৰ স্বভাৱো সতকাই পৰিৱৰ্তন নহয়। কেইদিনমান পাছত উভয়ৰ পুনৰ কাজিয়া লাগিল। সিদিনাও আপোনঘাতী হৈ মৰিব বুলি ডাবি দি মানুহজন ঘৰৰপৰা ওলাই আহিল। তেতিয়া তিৰোতাজনীয়ে পিছফালৰপৰা মাতি কলে- আজি ভয় নাই। আজি ভয় খুৱাবলৈ পটাটো নাই। পটাটো এতিয়াও কুঁৱাৰ পানীতে আছে।

                                                      পটা আছে কুঁৱাৰ পানীত

                                                      ভয় নকৰোঁ মৰাৰ হুমকিত।

             মইমতালি স্বভাৱৰ তিৰোতা

এসময়ত এখন গাঁৱত এজনী মইমতালি স্বভাৱৰ তিৰোতা আছিল। কোনোবাই কিবা কলে তাই সদায় তাৰ ওলোটাটোহে কৰিছিল। অর্থাৎ পূবলৈ যাবলৈ কলে পশ্চিমলৈ আৰু পশ্চিমলৈ যাবলৈ কলে পূবলৈ গৈছিল। থিয় হবলৈ কলে বহিছিল আৰু বহিবলৈ কলে থিয় হৈছিল। কোনো কাম কৰিবলৈ ক'লে নকৰিছিল আৰু কৰিবলৈ নক'লেহে কৰিছিল।

এদিনাখন তাই পানী আনিবলৈ নদীলৈ যাওঁতে হঠাৎ ভৰি পিছলি পানীত পৰি মৰিল। গিৰিয়েকে খবৰ পাই মানুহ-দুনুহলৈ নদীৰ ঘাটলৈ আহিল। খৰলিৰ নদী-সোঁত সিমান কোবাল নাছিলসেয়ে তিৰোতাজনী পিছলি পৰা ঘাটৰ আশে-পাশে লাচটো থাকিব পাৰে বুলি ভাবি ঘাটৰ
আশে-পাশে জাল পেলাই চালে। দুজনমানে পানীত নামি ডুব মাৰিও চালে। কিন্তু নাই, তো লাচৰ কোনো সন্ধান নোলাল।

অৱশেষত নিৰাশ হৈ এজনে ক'লে- বহু সময় বিচৰা হ'ল। ঘাটৰ আশে-পাশে থাকিলে নিশ্চয় ইমান সময়ে লাচটো পোৱা গ'লহেঁতেন। নদীৰ সোঁত সিমান কোবাল নহ'লেও মোৰ ধাৰণা লাচটো ভটিয়াই গৈছে। ভাটিৰ ফালে ইমান সময়ে ওপঙিও উঠিব পাৰে। গতিকে ভাটিৰ ফালে বিচাৰি যোৱা যাওঁক।

মানুহজনৰ পৰামৰ্শ মতে মানুহবিলাকে লাচটো বিচাৰি নদীৰ পাৰে পাৰে ভটিয়াই গ'; কিন্তু গিৰিয়েক সিহঁতৰ লগত নগৈ লাচ বিচাৰি নদীৰ পাৰে পাৰে উজাই আহিল। এমাইলমান উজাই অহাৰ পাছতো লাচটো নাপাই সি এঠাইত জিৰণি লবলৈ বহিল। তাক তেনেকৈ আমন-জিমনকৈ বহি থকা দেখি স্থানীয় মানুহ এজন আগবাঢ়ি আহি সুধিলে- আপুনি ক'ৰপৰা আহিছে? এনেকৈ আমন-জিমনকৈ বহি আছে কিয়?

গিৰিয়েকে ভাটিৰ ফালে থকা গাঁওখনৰ ফালে আঙুলিয়াই ক'লে- মই সৌখন গাঁৱৰপৰা আহিছো। মোৰ ঘৰৰ মানুহজনী নদীৰ ঘাটলৈ পানী নিবলৈ আহোঁতে পিছলি নদীৰ পানীত পৰি মৰিল। এতিয়া মই তাইৰ লাচটো বিচাৰি আহিছো।

তেতিয়া মানুহজনে আশ্বৰ্য প্ৰকাশ কৰি সুধিলে- নৈৰ পানীত পৰি মৰিছে আৰু আপুনি ভাটিৰ ফালে নগৈ উজনিৰ ফালে লাচ বিচাৰি আহিছে! ই কেনেকুৱা গছত গৰু উঠা কথা! নৈৰ পানীত পৰি মৰা তিৰোতা এজনীৰ শৱটো উজনিৰ ফালে বিচাৰিলে কত পাব? আপুনি ভাটিৰ ফালেহে বিচাৰি যাব লাগিছিল।

তেতিয়া গিৰিয়েকে ক'লে- তাই জীয়াই থাকোঁতে প্ৰতিটো কথাতে উজাইছিলহে। গতিকে মৰাৰ পাছতো তাই উজাই আহিছে বুলি ভাবিয়ে মই শৱটো উজনিলৈ বিচাৰি আহিছো।

গিৰিয়েকৰ কথা শুনি মানুহজনে ক'লে- মৰাৰ আগত প্ৰতিটো কথাত উজালেও মৰাৰ পাছত নিশ্চয় তাই ভটিয়ায়ে গৈছে। মোৰ জ্ঞান বিশ্বাস মতে তাইৰ লাচ আপুনি উজনিৰ ফালে বিচাৰি নাপাব, ভাটিৰ ফালেহে পাব। গতিকে আপুনি ভটিয়াই যাওঁকগৈ।

মানুহজনৰ কথা মতে গিৰিয়েক ভাটিৰ ফালে ভটিয়াই আহিল৷ সি আহি দেখিলে, ভাটিৰ ফালে বিচাৰি যোৱা মানুহবিলাকে তিৰোতাজনী পিছলিপৰা ঘাটৰপৰা এমাইলমান ভাটিত শৱটো পাই ঘৰলৈ লৈ আহিছে।

শৱটো দেখি গিৰিয়েকে অনুশোচনাৰ সুৰত কলে- ভটিয়ালি ঠিকেই; কিন্তু মৰাৰ আগত নভটিয়াই মৰাৰ পাছতহে ভটিয়ালি৷

                   মইমতালি স্বভাৱ যাৰ
                    মৰাৰ পাছতো লটি-ঘটি তাৰ।।

                                      ৰুটি-ৰহস্য

এদিন হৰি, ৰহিম আৰু এণ্টনি নামৰ তিনিজন যুৱক তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁত তিনিজন নানা তীর্থ ভ্রমি আহি এখন সৰু বজাৰত উপস্থিত হল। ইতিমধ্যে ৰাতি হোৱাত সিহঁতে বিদ্যালয় এখনত ৰাতি কটোৱাৰ কাৰণে আশ্রয় ল'লে। সিহঁতৰ হাতৰ টকা পইচা ইতিমধ্যে শেষ হৈ গৈছিল। মাথোন এটা ৰুটি কিনাৰ জোখাৰেহে সিহঁতৰ হাতত টকা আছিল। গতিকে সিহঁতে বজাৰলৈ আহি এটা ৰুটি কিনিলে।

ৰুটিটোলৈ বিদ্যালয়লৈ আহি তিনিও ৰুটিটো খাবলৈ বহিল। এনেতে হৰিয়ে ক'লে- আমি তিনিজন মানুহ আৰু ৰুটি মাথোন এটা। তিনিজনে ভগাই খালে প্রায় লঘোণ দিয়াৰ লেখীয়াই হগতিকে আমি তিনিজনৰ এজনেও ৰুটিটো নাখাও। ৰুটিটো নোখোৱাকৈ তিনিও শুই থাকিম। আমাৰ তিনিজনৰ ভিতৰত যিজনে টোপনি যোৱাৰ সময়ত আটাইতকৈ ভাল সপোন দেখিব সিয়ে কাইলৈ ৰাতিপুৱা ৰুটিটো খাব।

ৰহিম আৰু এণ্টনিয়ে প্ৰস্তাৱটোত সন্মতি জনালে আৰু ৰুটিটো সামৰি থৈ তিনিও শুই পৰিল।

ৰাতিপুৱা তিনিও সাৰ পাই উঠাৰ পাছত হৰিয়ে কলে- এতিয়া ক'চোন কোনে কি সপোন দেখিলি?

ৰহিমে কলে- মই সপোনত দেখিলো যে, মই মক্কালৈ গৈছো, স্বয়ং হজৰত মহম্মদে মোক সপোনত দেখা দি কলে- তোমাৰ প্ৰতি মই খুবেই প্রসন্নগতিকে তোমাক মই বিনা হিচাপত বেহেস্তবাসী কৰিম।

ৰহিমৰ কথা শেষ হলত হৰিয়ে এণ্টনিলৈ চাই কলে- কচোন তই কি দেখিলি?

এণ্টনিয়ে কলে- সপোনত মই বেথেলহাম নগৰলৈ গৈছিলো। তাত মই স্বয়ং যীশুখ্রীষ্টক সাক্ষাৎ কৰি আহিছো। মোৰ মৃত্যুৰ পাছত যীশুখ্ৰীষ্টই মোক স্বৰ্গত স্থান দিব বুলি প্ৰতিশ্ৰুতি দিছেএইদৰে এণ্টনিয়ে নিজৰ সপোনৰ বৰ্ণণা দি কলে- আমি দুজনে দেখা সপোনৰ কথা লোঁএতিয়া তই কচোন, কি সপোন দেখিলি?

এণ্টনিৰ কথা শেষ হোৱাৰ পাছত হৰিয়ে সেমেনা-সেমেনি কৰি ক'লে- মই আচলতে কোনো সপোনে দেখা নাই। মই বাস্তৱত স্বয়ং যমৰাজৰ সাক্ষাৎ লাভ কৰিছোহৰিয়ে এইদৰে কৈ কেনেকৈ যমৰাজৰ সাক্ষাৎ লাভ কৰিলে তাৰ বৰ্ণনা দিলে- মই চকু মুদি পৰি আছো, কিন্তু পেটত খুদকণ এটাও নথকাত টোপনি অহা নাই। হঠাৎ দুৱাৰ খোলাৰ শব্দ শুনি চকু মেলি চালো। দেখিলো, স্বয়ং যমৰাজ লাঠি এডাল লৈ দুৱাৰ মুখত থিয় দি আছে। মই ভয়ত থমত্ খাই উঠি বহিলো। তেতিয়া যমৰাজ ৰুদ্ৰমূৰ্ত্তি ধৰি মোৰ ফালে আগবাঢ়ি আহিল। কি ভয়ংকৰ সেই মূৰ্ত্তি! মোৰ একেবাৰে বিচূৰ্ত্তি খোৱাৰ অৱস্থা। ভয়ত মই মেলেৰীয়া ৰোগীৰ দৰে ঠঠক্‌কৈ কঁপিবলৈ ধৰিলো।

তাৰ পাছত যমৰাজে কি কৰিলে? ৰহিমে সুধিলে

কি আৰু কৰিব? মোৰ ফালে চাই যমৰাজে চকু পকাই ক'লে- হৰি, তহঁতৰ যি ৰুটিডোখৰ আছে মোৰ সন্মুখত এতিয়াই খাই পেলা। নহ'লে তোক মই লাঠিৰে কোবাই সিপুৰীলৈ পঠাই দিম।

যমৰাজৰ ভয়ত অনিচ্ছা সত্ত্বেও মই ৰুটিটো খাই কোনোমতেহে যমৰাজৰ হাতৰপৰা ৰক্ষা পৰিছোহৰিয়ে এইদৰে সপোনৰ বৰ্ণনা দি লে- ৰুটি খোৱাৰ কাৰণে তহঁতে দায়-দোষ নধৰিবি। মোৰ মুঠেই ইচ্ছা নাছিল। জীৱন ৰক্ষাৰ কাৰণেহে ৰুটিডোখৰ খাবলৈ বাধ্য হৈছো

হৰিয়ে ৰুটি খোৱাৰ কথা শুনি ৰহিম আৰু এণ্টনি ইজনে সিজনৰ মুখলৈ ভেবা লাগি চাই ৰল।

                   যমৰাজৰ লাঠিৰ ভয়ত

              ৰুটি গল হৰিৰ পেটত।.

                                    

                      তেজৰ দোষ

এসময়ত এজন বৰ সৎ প্ৰকৃতিৰ বৃদ্ধ মানুহ আছিল। তেওঁ সদায় ধর্ম-কৰ্মলৈয়ে সদায় ব্যস্ত থাকিছিল। এবাৰ তাৰ বৰ টান নৰিয়া হ'ল।

মফচলৰ ডাক্তৰ, কবিৰাজে ঔষধ পথ্যাদি দি ৰোগ নিৰাময় কৰিব নোৱাৰিলে। শেষত নিৰূপায় হৈ মফচলৰ ডাক্তৰে তাক চৰকাৰী হাস্পতাললৈ নিয়াৰ বাবে পৰামৰ্শ দিলে।

ডাক্তৰৰ পৰামৰ্শ মতে তাক হাস্পতাললৈ নিয়া হল। চিকিৎসা চলিল। কিন্তু ৰোগ ভাল হোৱাৰ পৰিৱৰ্ত্তে লাহে লাহে বেয়াৰ ফালেহে ঢাল খাবলৈ ধৰিলে। শেষত ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি অস্ত্রোপচাৰ কৰাৰ সিদ্ধান্ত ল'লে। কটা-চিঙাৰ কথা, ইফালে ৰোগীও দুর্বল।গতিকে অস্ত্রোপচাৰ কৰাৰ আগে-পাছে ৰোগীক পুৰা তিনি বটল তেজ দিব লগা হল। অস্ত্ৰোপচাৰ সুকলমে সম্পন্নও হল। মানুহজন লাহে লাহে আৰোগ্য হৈ উঠাত ঘৰলৈ লৈ অহা হ'ল।

ঘৰলৈ অহাৰ পাছত মানুহজনৰ মাজত এটা বৰ বেয়া অভ্যাস গা কৰি উঠিল। লোকৰ ঘৰতো বাদেই সি নিজৰ ঘৰখনতো সুৰঙা পালেই ইবিধ-সিবিধ বস্তু চুৰ কৰা হল। লোকৰ ঘৰৰ লাউটো, বেঙেনাটো আৰু নিজৰ ঘৰৰপৰা টকা-পইচাৰ লগতে ইবিধ-সিবিধ বস্তু মানে ঘটি-
বাটি-লোটা চুৰ কৰি বেলেগৰ তাত বিক্ৰী কৰা হঘৰৰপৰা ইবিধ সিবিধ বস্তু নাইকীয়া হোৱা দেখি আটায়ে সজাগ হৈ উঠিল। কোনে এই কাম কৰিছে? নিশ্চয় বাহিৰৰপৰা মানুহ আহি এই কাম কৰা নাই। এয়া নিশ্চয় ঘৰৰে কোনোবা সদস্যৰ কাম হব! ফলত ইজনে সিজনক সন্দেহ কৰিবলৈ
ধৰিলে। কিন্তু ধৰা নপৰালৈকে কোনেও কাকো মুখ ফুটাই একো কবপৰা নাই। সেয়ে ঘৰৰ প্ৰতিজন সদস্যই নিজক দোষমুক্ত কৰিবলৈ তৎপৰ হৈ উঠিল আৰু চোৰটোক হাতে-লোটে ধৰাৰ বাবে অঘোষিত বাবে মনে মনে ঘৰখনৰ আটায়ে ইজনে সিজনৰ ওপৰত চকু ৰাখিবলৈ ধৰিলে।

কিছুদিন পাছতে সতৰ্কৰ্তাৰ ফল মিলিল। এদিন আলমাৰিৰপৰা টকা চুৰ কৰি থাকোঁতে সৰু বোৱাৰীয়েকৰ হাতত বৃদ্ধ গৰাকী ধৰা পৰিলকিন্তু বোৱাৰীয়েকে ঘৰখনৰ অন্যান্য সদস্যৰ আগত কথাটো কোৱাত কোনেও বিশ্বাস নকৰিলে। ই কেনেকৈ সম্ভৱ! ইমান ভাল মানুহ এজনে এই বৃদ্ধ বয়সত চুৰ কৰিবলৈ যাব কিয়? তদুপৰি তেওঁ ঘৰখনৰ মূৰব্বী। তেওঁৰনো কিহৰ অভাৱ? পুতেকহঁতে তেওঁক যথেষ্ট শ্রদ্ধা-ভক্তি কৰে। যি বিচাৰে তাকে নির্বিবাদে আনি দিয়ে। গতিকে তেওঁ কিয় চুৰি কৰিবলৈ যাব? আচলতে চোৰ হয়তো সৰু বোৱাৰীয়েকে হব।নিজৰ দোষ ঢাকিবলৈ হয়তো আনৰ গাত দোষ জাপিবলৈ চেষ্টা কৰি আছে।

কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ আছে।অৱশেষত সেয়ে হল। লাহে লাহে কথাটো ঘৰৰ আন আন সদস্যৰ চকুতো ধৰা পৰিবলৈ ধৰিলে। কিন্তু সৰু বোৱাৰীকেৰ দৰে অৱস্থা হোৱাৰ ভয়ত কথাটো প্ৰকাশ নকৰি আটায়ে মনে মনে থাকিল। শেষত এদিন ডাঙৰ পুতেকৰ চকুতো কথাটো ধৰা পৰিল। ফলত আটায়ে কথাটো বিশ্বাস কৰিবলৈ বাধ্য হল। কিন্তু ই কেনেকৈ সম্ভৱ? সকলোৰে মুখত একেটাই প্রশ্ন। বেমাৰৰপৰা আৰোগ্য হৈ উঠাৰ পাছত এই স্বভাৱটো
ল কেনেকৈ? ঘৰৰ কথা পৰক কবলৈ টান পাই সিদিনাও আটায়ে ঘটনাটো গাপ দিলে।

কিন্তু বৃদ্ধৰ উৎপাত দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে। শেষত নিৰূপায় হৈ ডাঙৰ পুতেকে এদিন এজন বিজ্ঞ মানুহৰ আগত কথাটো বিৱৰি কৈ ক'লে- অপাৰেশ্বনৰ পাছৰপৰা দেউতাৰ মাজত এই স্বভাৱ গা কৰি উঠিছে। এতিয়া ইয়াৰপৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায়ে আমি বিচাৰি পোৱা নাই। ঘৰত চুৰ কৰিছে, সেয়া আমি বিশেষ ভবা নাই। কিন্তু কোনোবা দিন যদি লোকৰ ঘৰত চুৰ কৰিবলৈ গৈ ধৰা পৰে তেতিয়া মানুহৰ আগত মুখ উলিয়াম কেনেকৈ?

মানুহজনে পুতেকৰ মুখৰপৰা ঘটনাৰ বিৱৰণ শুনি এটা সিদ্ধান্তলৈ আহিল। তেওঁ ক'লে- মোৰ মনত এটা সন্দেহ হৈছে। অপাৰেশ্বনৰ সময়ত আপোনাৰ দেউতাকৰ শৰীৰত যি তেজ দিয়া হৈছে, সেই তেজৰে কাম হব পাৰে এয়াসেয়ে হাস্পতাললৈ গৈ অপাৰেশ্বনৰ সময়ত তেওঁক কাৰ তেজ দিয়া হৈছিল, ডাক্তৰক সুধি সেই তেজ দিয়া মানুহজনৰ স্বভাৱ চৰিত্ৰৰ বুজলৈ আহকগৈ। তেজ দিয়া মানুহজন নিশ্চয় চোৰ আছিল। কাৰণ তেজৰ দোষ বৰ ডাঙৰ দোষ। ই সহজে আঁতৰ নহয়৷
বিজ্ঞ মানুহজনৰ কথা মতে ডাঙৰ পুতেকে হাস্পতাললৈ গৈ ভূ-লৈ জানিব পাৰিলে যে, বিজ্ঞ মানুহজনৰ কথাই ঠিক। বৃদ্ধক এজন অঘাইতং চোৰৰ তেজ দিয়া হৈছিল।

                কয়লা ধুলে ময়লা নাযায়

               তেজৰ দোষো সতকাই নাযায়।।           

 

            জ্ঞানী বোৱাৰী

এসময়ত এখন গাঁৱত এজন জ্ঞানী মানুহ আছিল। তেওঁৰ তিনিজন পুতেক আছিল। বিয়াৰ বয়স হোৱাত তিনিজন পুতেকলৈ তিনিজনী বোৱাৰী আনিলে। তিনিওজনী বোৱাৰী বিদ্যা-বুদ্ধি, ৰূপে-গুণে সমান জোখৰ। এতিয়া কোনজনী বোৱাৰীৰ হাতত সংসাৰৰ দায়িত্ব ভাৰ চমজাই দিয়ে ? ইয়াকেলৈ মানুহজন মহা সমস্যাত পৰিল। গতিকে মানুহজনে এদিন বোৱাৰী কেইজনীৰ শ্ৰেষ্ঠত্ব জুখিবলৈ সিদ্ধান্ত ল'লে।

প্ৰথমতে মানুহজনে ডাঙৰ বোৱাৰীক মাতি আনি সুধিলে- আই, আমাৰ ভাৰতীয় জলবায়ু অনুসৰি ছটা ঋতু আছে। গ্রীষ্ম, বর্ষা, শৰত, হেমন্ত, শীত আৰু বসন্ত। পিচে, তুমি কোনটো ঋতু বেছি ভাল পোৱা আৰু সেই ভালপোৱাৰ কাৰণটোনো কি?

ডাঙৰজনী বোৱাৰীয়ে নম্ৰভাবে কলে- প্ৰতিটো ঋতুৰে নিজা নিজা মহত্ত্ব আছে যদিও মই গ্রীষ্ম ঋতুহে অধিক ভাল পাও। কাৰণ গ্ৰীষ্ম ঋতুতে গছ-লতা, শস্যাদি লহপহ্‌কৈ বাঢ়ে।

মানুহজন ডাঙৰ বোৱাৰীৰ উত্তৰত সন্তুষ্ট হল আৰু তাইক যাবলৈ দি মাজুজনী বোৱাৰীক মাতি আনি সেই একেই প্রশ্ন সুধিলে। মাজু বোৱাৰীয়ে ক'লে- মই ঋতুকেইটাৰ ভিতৰত শীত কালিহে বেছি ভাল পাও। কাৰণ শীতকালি পথাৰৰ লখিমী চপোৱাৰ সময়। শীতকালি লখিমীয়ে ভঁড়াল ভৰে। পুষ্টিকৰ তৰু-তৰকাৰীও প্ৰচুৰ পৰিমাণে পোৱা যায়। খাদ্যৰ অপচয়ো কম হয়। এদিন ৰান্ধি তিনিদিন খালেও খাদ্যবস্তু নষ্ট নহয়।            

মাজুজনী বোৱাৰীৰ উত্তৰতো সন্তুষ্ট হৈ মানুহজনে সৰুজনী বোৱাৰীক মাতি আনি সেই আগৰ প্ৰশ্নটোৰে অৱতাৰণা কৰিলে। সৰুজনী বোৱাৰীয়েকে খন্তেক ভাবি কলে- প্ৰশ্নটো আচলতে জটিল। কাৰণ প্ৰতিটো ঋতুৰে স্বকীয়তা আছে। সেয়ে ছটা ঋতুৰ বিশেষ কোনো এটা ঋতু মই ভাল নাপাও । মই আটাইকেইটা ঋতুকে সমানে ভাল পাও৷ কাৰণ আটাই কেইটা ঋতুই এটা আনটোৰ পৰিপূৰক। আচলতে আমি এই বিশেষ বিশেষ ঋতুৰ লগত খাপ খাই চলিবপৰাটোহে ডাঙৰ কথা।

মানুহজন সৰুজনী বোৱাৰীয়েকৰ উত্তৰত অধিক সন্তুষ্ট হল আৰু তাইৰ হাতত সংসাৰৰ দায়িত্ব ভাৰ চমজাই দিলে। কাৰণ ভাল-বেয়া সকলো ধৰণৰ পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবপৰাজনহে আচল জ্ঞানী।
                                       পৰিৱেশ পৰিস্থিতি সাপেক্ষে যিজন চলিব পাৰে
                                                 জটিল সংসাৰত সিজনহে তৰে।

                  কলা পৰিয়াল

এসময়ত এখন গাঁৱত এটা কলা পৰিয়াল আছিল। পৰিয়ালটোৰ প্ৰতিজন সদস্যই কলা। কিবা কলে ওলোটাটোহে শুনে।

এদিন পৰিয়ালটোৰ মূল মানুহজনে পথাৰত হাল বাই আছিল। নতুনকৈ বদলি হৈ অহা চিপাহী এজন সেই ফালেদি যাওঁতে তাক সুধিলে- কাইটি, এইটো বাটেৰে গ'লে মই থানা পাম নেকি?

মানুহজনে হাল বাই থকা বলধযোৰ শহুৰেকৰ ঘৰৰপৰা আনিছিল। চিপাহীজনে বলধযোৰৰ কথা সোধা বুলি ভাবি সি কলে- নাই নাই বাবু, বলধযোৰ মোৰ নিজৰ নহয়।

চিপাহীজনে পুনৰ ক'লে- মই বলধৰ কথা সোধা নাই। থানালৈ যোৱা বাটৰ কথাহে সুধিছোঁ

মানুহজনে ক'লে- নাই নাই বাবু, মোৰ নিজৰ গৰু নাই কাৰণে শহুৰৰ ঘৰৰপৰা হাল বোৱাৰ কাৰণে আনিছোঁ

চিপাহীজনে ভাবিলে মানুহজন নিশ্চয় কলা। সেয়ে সি উচ্চকণ্ঠত কলে- কাইটি, মই বলধৰ কথা সোধা নাই। থানালৈ যোৱা বাটৰ কথাহে সুধিছো।

স্বাভাৱিকতে চোৰ-ডকাইতৰ লগত আৰক্ষীৰ সম্বন্ধ। সেয়ে চিপাহীজনে বলধটো চুৰি কৰি অনাৰ কথা কোৱা বুলি ভাবি মানুহজনে ক'লে- নাই নাই, চুৰি কৰি অনা নাই। শহুৰৰ ঘৰৰপৰা হাল বোৱাৰ কাৰণেহে আনিছো।

চিপাহীজন বিৰক্ত হৈ কলে- কলা কৰবাৰ ! মই সুধিছোঁ বাটৰ কথা আৰু ই কৈছে বলধ চুৰিৰ কথা।

মানুহজনে ক'লে- তিনি সইত খাই কৈছোঁসঁচাকৈয়ে মই বলধযোৰ চুৰি কৰি অনা নাই, আপুনি মোৰ ঘৰৰ মানুহজনীক সুধি চাব পাৰে।

অৱশেষত চিপাহীজনে ভাবিলে, এওঁৰ লগত কথা পাতি লাভ নাই। সেয়ে সি বিৰক্ত হৈ হাতত থকা বেতৰ লাঠিৰে দুটামান কোব শোধাই গুচি গ'ল।

কোব খাই মানুহজন দুখে-বেজাৰে ঘৰলৈ আহি ঘৈণীয়েকক কলে- গৰু নিদিলে যদি নাই, সেই বুলি চুৰি কৰি অনা গৰু দি মোক পুলিচৰ লাঠিৰ কোব খোৱালে কিয়?

ঘৈণীয়েকৰ মাজে-সময়ে আঞ্জা চুৰি কৰি খোৱাৰ অভ্যাস আছিল। সেয়ে গিৰিয়েকে আঞ্জা চুৰি কৰি খোৱাৰ কথা কোৱা বুলি ভাবি তাই শাহুৱেকৰ ওচৰলৈ আহি ক'লে- শুনিছেনে আই, আপোনাৰ পুতেকে কয়, মই হেনো আঞ্জা চুৰ কৰি খাওঁ?

শাহুৱেকে ইঘৰ-সিঘৰলৈ গৈ মেল মৰাৰ অভ্যাস আছিল। সেয়ে বোৱাৰীয়েকে মেল মৰাৰ কথা কৈছে বুলি ভাবি তাই নিজৰ গিৰিয়েকৰ ওচৰলৈ আহি ক'লে- শুনিছেনে বোৱাৰীৰ কথা! মই বোলে কাম-বন এৰি সদায় মেল মাৰি থাকো?

বুঢ়াই কুঁহিয়াৰ খেতি পহৰা দিবলৈ গৈ পকেট খৰচৰ কাৰণে মাজে সময়ে দুই চাৰিটা কুঁহিয়াৰ বিক্ৰী কৰে। সেয়ে বুঢ়ীয়ে কুঁহিয়াৰ চুৰি কৰি বিক্ৰী কৰাৰ কথা কোৱা বুলি ভাবি নাতিনীয়েকৰ ওচৰলৈ আহি ক'লে- শুনিছানে নাতিনী, মই বোলে চুৰি কুঁহিয়াৰ বিক্ৰী কৰোঁ? তইতো
মাজে-সময়ে খেতিলৈ যাৱ৷ মোক কেতিয়াবা কুঁহিয়াৰ বিক্ৰী কৰা দেখিছা নেকি?

নাতিনীয়েকৰ বিয়াৰ বয়স হৈছিল। সেয়ে ককাকে তাইক তাইৰ বিয়াৰ কথা কোৱা বুলি ভাবি কলে- বিয়া দিব খুজিছা যদি নিদিয়া কিয়। কোনেনো মানা কৰিছে?

         যাৰ মনত যি,

        বেলেগ কথা কলেও সেয়াই শুনে সি।

             শহুৰ-জোঁৱাই

এসময়ত কেও-কিছু নথকা এজন ডেকা লৰা আছিল । মেলেৰীয়া জ্বৰ হৈ লৰালিতে তাৰ মাক-বাপেক ঢুকাইছিল। ফলত সি মোমায়েকৰ ঘৰত থাকি মামীয়েকৰ কেটে-জেঙেৰ শুনি ডাঙৰ দীঘল হৈছিল। বিয়াৰ বয়স হোৱাত সি ওচৰৰে গাঁও এখনত বিয়া কৰালে।

শহুৰেকৰ অৱস্থা ভাল। যথেষ্ট মাটি-সম্পত্তিৰ মালিক। কিন্তু তাৰ লৰা সন্তান নাই। এজনী মাথোন ছোৱালী। ছোৱালীজনী দেখাই-শুনাই অপেশ্বৰী।জ্ঞান-বুদ্ধিত সৰস্বতী। মাক-বাপেকৰ আলাসৰ লাডু। ফলত কেও-কিছু নোহোৱা লৰাজনলৈ বিয়া দি জোঁৱায়েকক ঘৰ জোঁৱাই কৰি ৰাখিলে।

শহুৰেক-জোঁৱায়েকৰ বৰ মিল। দুয়ো একেলগে পথাৰত কাম কৰে। কামৰ মাজতে ইটো-সিটো কথাৰ মহৰা মাৰি ভাগৰ পলুৱায়।

এদিন তেনেকৈ কথা পাতি থাকোঁতে জোঁৱায়েকে হঠাৎ কৈ পেলালে- দেউতা, আমেৰিকাখন আমাৰপৰা পূৱদিশত নহয়নে বাৰু?

শহুৰেকে টপৰাই প্ৰতিবাদ কৰি ক'লে- নহয়, আমেৰিকাখন আমাৰপৰা পশ্চিম দিশতহে।

আমেৰিকাখন যে পশ্চিম দিশত সেয়া জোঁৱায়েকে নজনা নহয়। হঠাৎ জিভাৰ পিছলত পূবদিশত বুলি কৈ পেলাইছিল। হঠাৎ যেনিবা পূৱদিশত বুলি ক'লেই সেই বুলি শহুৰেকে ইমান টপৰাই প্ৰতিবাদ কৰিব লাগেনে? লাহে-ধীৰে বুজাই-বঢ়ায়োতো কব পাৰিলেহেঁতেন। গতিকে জোঁৱায়েকে মনৰ ক্ষোভতে প্রতিবাদ কৰি ক'লে- নহয়, পূৱদিশতহে।

পূৱদিশত কেনেকৈ হ'? শহুৰেকে পুনৰ প্ৰতিবাদ কৰি ক'লে- আমেৰিকাখন আমাৰপৰা পশ্চিম দিশত বুলি লৰালিৰে পৰা শুনি আহিছো। আজিনো আমেৰিকাখন আমাৰপৰা পূৱদিশলৈ কেনেকৈ যাব? আমেৰিকাখন পূৱদিশত বুলি আজিহে প্ৰথম তোমাৰ মুখত শুনিলো।

এইদৰে শহুৰেকে কয়, পশ্চিম দিশত আৰু জোঁৱায়েকে কয়, পূব দিশত। কোনেও কাৰো মত নেৰে। দুয়ো নিজৰ মতত অবিচল।

ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হোৱাৰ দৰে সাধাৰণ কথা এটাই ভীষণ ৰূপ ধাৰণ কৰিলে৷ দুয়ো কাম-বন এৰি ঘৰলৈ আহি বিছনাত শুই পৰিল।

সিদিনা পুনৰ কোনেও কামলৈ নগ'ল। সিদিনাৰপৰা দুয়োৰে মাজত মাতবোলো বন্ধ হল। কোনেও কাকো নমতা হল। আগতে দুয়ো একেলগে বহি খাইছিল। কিন্তু সিদিনাৰপৰা একেলগে খাবলৈ নবহা হল। এজন খাবলৈ বহিলে আনজনে হুকা হুপিবলৈ ধৰে। এইদৰে মতান্তৰ গৈ অথন্তৰত পৰিণত হ'ল।

তেতিয়া খেতি নিকোৱাৰ সময়। সময় মতে নিকোৱাৰ কাম শেষ নকৰিলে শস্যৰ ক্ষতি হব বুলি পাছদিনা দুয়ো পথাৰলৈ গ'ল যদিও এজন গৈ বহিল খেতিৰ উত্তৰ প্ৰান্তত আৰু আনজন বহিল দক্ষিণ প্রান্তত। সিদিনা কোনো ধৰণৰ মাতবোল নকৰাকৈয়ে জোঁৱায়েক-শহুৰেক দুয়ো কাম-বন কৰি ঘৰলৈ উভতিল। পাছদিনাও দুয়ো পথাৰলৈ গ'ল। আগদিনাৰ দৰে সিদিনাও দুয়ো পথাৰৰ দুই প্রান্তত বহি কাম কৰি ঘৰলৈ উভতিল।

এদিন দুয়ো খেতিৰ দুই মূৰে বহি কাম কৰি আছিল। জেঠ মাহ। প্ৰখৰ ৰদ। জোঁৱায়েকৰ পানী পিয়াহ লাগিল। খেতিৰপৰা ঘৰ বেছি আঁতৰত নহয়৷ ৰিঙিয়াই মাতিলে শুনা যায়। সেয়ে পিয়াহ লগাত সি ঘৈণীয়েকক মাতি পানী আনিবলৈ ক'লে।

ঘৈণীয়েকে পানীলৈ দেউতাকৰ কাষেদি গৈ আছিল। পানী দেখি দেউতাকৰো পানী পিয়াহ লাগিল। আচলতে তাৰ আগৰপৰাই পানী পিয়াহ লাগি আছিলসেয়ে পানী দেখি পিয়াহ দুগুণে চৰিল। তেওঁ জীয়েকক উদ্দেশ্য কৰি ক'লে- আই, পানী আনিছ নেকি? মোৰো পিয়াহ লাগিছে। মোক এগিলাচ দি যা।

জোঁৱায়েকে খেতিৰ সিটো মূৰৰপৰা শহুৰেকৰ আলেখ-লেখ প্রত্যক্ষ কৰি আছিল। দেউতাকক পানী দিয়াৰ উপক্ৰম কৰা দেখি সি ঘৈণীয়েকক ডাবি মাৰি মাতিলে- পানীৰ কথা মইহে কৈছোঁগতিকে মোক আগতে দি যোৱা, পাছত যাক দিবলৈ মন যায় দিবা

ঘৈণীয়েক দোধোৰ-মোধোৰত পৰিল। এফালে জন্মদাতা পিতৃ আৰু আনফালে অগ্নি সাক্ষী কৰি গ্ৰহণ কৰা স্বামী! গিৰিয়েকক নিদিলে পাপে চুব আৰু দেউতাকক নিদিলেও মহাপাপ হব। তাই কি কৰে এতিয়া! এফালে দেউতাকৰ মিনতি ভৰা কাতৰ অনুৰোধ আৰু আনফালে গিৰিয়েকৰ ডাবি-ধমকীকাকনো উপেক্ষা কৰে তাই?

তাই বিবুদ্ধি হৈ দেউতাকক ক'লে- দেউতা, এফালে তোমাক পানী নিদিলে মই মহাপাতকী হম আৰু আনফালে তেওঁক পানী নিদিলেও পাতকী হম। একমাত্র তুমিয়ে মোক এই পাপৰপৰা ৰক্ষা কৰিব পাৰিবা। তোমালোক দুজনৰ মাজত এষাৰ কথালৈহে মতানৈক্য হৈছে। গতিকে তুমিয়ে পৰাজয় স্বীকাৰ কৰি মোক এই পাপৰপৰা ৰক্ষা কৰা।

কিন্তু ইমান ডাঙৰ সত্যটোনো মই অস্বীকাৰ কৰো কেনেকৈ? দেউতাকে কলে- আচলতে আমেৰিকাখন পশ্চিম দিশতহে।

পূৱ দিশত বুলি কলেই আমেৰিকাখন পূৱদিশত হৈ নাযায় নহয়। যি দিশত আছে সেই দিশতে থাকিব দেখোন। তুমি যিহেতু বয়সত ডাঙৰ গতিকে তুমিয়ে এই আঁকোৰগোজ মনোভাৱ ত্যাগ কৰি মোক পাপৰপৰা ৰক্ষা কৰা।

দেউতাকে ভাবিলে, হওঁতে কথাটো মিছা নহয়। মই স্বীকাৰ কৰিলেইতো আৰু আমেৰিকাখন পূৱদিশত হৈ নাযায়। আমেৰিকাখন যে পশ্চিম দিশত ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। সেয়ে জোঁৱায়েকে নিশ্চয় এদিন নিজৰ ভুল বুজিব পাৰি মোৰ লগত অযথা কৰা তৰ্কৰ বাবে লজ্জিত হব। লাগিলে মোৰে পৰাজয় হওঁক। জোঁৱায়েকৰ কথাই ঠিক বুলি স্বীকাৰ কৰি এই মতানৈক্যৰ অৱসান কৰোঁ

এইদৰে মনতে ভাবি শহুৰেকে জোঁৱায়েকক মাতি ক'লে- বোপা, তোমাৰ কথাই ঠিক। তুমি কোৱা ধৰণে আমেৰিকাখন সঁচাকৈয়ে পূৱদিশত।

শহুৰেকে কথাষাৰ কোৱাৰ লগে লগে খেতিৰ সিটো মূৰৰপৰা জোঁৱায়েকে কলে- নহয় দেউতা, আচলতে আপোনাৰ কথাই ঠিক।আপুনি কোৱা ধৰণে আমেৰিকাখন সঁচাকৈয়ে আমাৰপৰা পশ্চিম দিশত।

এইদৰে ডাঙৰ সমস্যা এটা সমাধান হৈ গ'ল। জোঁৱায়েক খেতিৰ সিটো মূৰৰপৰা শহুৰেকৰ ওচৰলৈ আহি ক্ষমা খুজিলে- দেউতা, মিছাতে আপোনাৰ লগত তৰ্ক কৰা কাৰণে মোক ক্ষমা কৰিব।

শহুৰেকে কলে- একো নহয়। ভুল আচলতে মোৰো হৈছিল। মই নিজৰ মতত ইমান আঁকোৰগোজ হৈ থাকিব নালাগিছিল। এইদৰে কৈয়ে তেওঁ জীয়েকক উদ্দেশ্য কৰি ক'লে- দিয়া, বোপাক পানী দিয়া।

ঘৈণীয়েকে গিৰিয়েকলৈ পানীৰ গিলাচ আগবঢ়ালে। গিৰিয়েকে কলে- নাই নাই, দেউতাক আগতে দিয়া। ম‍ই বাৰু পাছত খামহি।
                   আঁকোৰগোজ মনোভাবে অশান্তি বাঢ়ে।
                      সমিল মিলেহে শান্তি আনে।।

          তীখৰ আৰু ৰাজকোঁৱৰ

এসময়ত তীখৰ নামৰ এজন টেঙৰ যুৱক আছিল। তীখৰ, নামতো তীখৰ বুদ্ধিতো তীখৰ। সৰুতে তীখৰৰ মাক-দেউতাক ঢুকাইছিল। সেয়ে লোকৰ চুৱাপাত চেলেকি সময়ত কোনোমতে চফল ডেকাটো হৈ উঠিল। বিয়া-বাৰু কৰাই এটা সময়ত সি সংসাৰীও হল।

ঘৈণীয়েকজনী বৰ ৰূপহী। ৰূপৰ গৌৰৱত তাই গৰৱিনী। আন আন তিৰোতা মানুহৰ দৰে আ-অলংকাৰৰ প্ৰতি তাইৰ সহজাত দুৰ্বলতা আছিল। কিন্তু তীখৰ দুখীয়া। লোকৰ ঘৰত গেবাৰি খাটি কোনোমতে পেট প্ৰৱৰ্তায়গতিকে ঘৈণীয়েকে বিচৰা ধৰণে গহেনা-গাঁঠৰি দিব নোৱাৰে। ইয়াকেলৈ ঘৈণীয়েকৰ মনত বৰ বেজাৰবলৈ গ'লে তাই তীখৰক চকুপাৰি দেখিব নোৱাৰে।

এদিন তাই নৈৰ ঘাটলৈ পানী আনিবলৈ যাওঁতে সেই ৰাজ্যৰ ৰাজকোঁৱৰৰ লগত দেখা হল আৰু তাইৰ ৰূপ দেখি ৰাজকোঁৱৰ ভোল 'ৰাজকোঁৱৰ ঘোঁৰাৰপৰা নামি তাইক প্রেম নিবেদন কৰিলে। এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া। তাই কোঁৱৰৰ প্ৰস্তাৱত সঁহাৰি জনালে। ৰাজকাৰেং সিহঁতৰ ঘৰৰপৰা মাথোন এখন তামোল খোৱা বাটৰ দূৰত্বত অৱস্থিততীখৰ ঘৰত নথকা সময়ত ৰাজকোঁৱৰ সিহঁতৰ ঘৰলৈ অহা-যোৱা কৰিবলৈ ধৰিলে। প্রথমে ওচৰ-চুবুৰীয়া, পাছত গাঁৱৰ মানুহৰ চকুতো এই অভিসাৰৰ কথা ধৰা পৰিল। সময়ত তীখৰেও কথাটো গম পালে। কিন্তু সি নিৰূপায়। ৰজাৰ লৰা। তালটোৰপৰা তিলটো খহিলেও শূলত দিব পাৰে। সেয়ে সি সকলো জানি-বুজিও প্রতিবাদ কৰিবলৈ সাহস গোটাব নোৱাৰে। ইয়াকে লৈ তাৰ মনত বৰ বেজাৰ। নিজৰ তিৰোতা পৰ পুৰুষৰ প্ৰতি আসক্তা। ইয়াতকৈ আৰু দুখৰ কথা কি হব পাৰে!

কিন্তু মুখ খুলি প্রতিবাদ নকৰিলেও তীখৰে মনে মনে বুদ্ধি পাঙিবলৈ ধৰিলে কেনেকৈ ৰাজকোঁৱৰক জব্দ কৰিব পাৰে। এদিন তাৰ মনত এটা বুদ্ধি খেলালে। ঘৈণীয়েক নৈৰ ঘাটলৈ পানী আনিবলৈ যোৱা বাটৰ দাঁতিত এজোপা পুৰণি গাব গছ আছিল। গাব গছটোত যখিনী এজনী
বাস কৰে বুলিও এটা প্রবাদ প্রচলিত আছিল। সেয়ে সি মনে মনে গছজোপাত উঠি ভূতৰ ভাওলৈ ঘৈণীয়েকক আভুৱা-ভাঁৰাৰ কথা ভাবিলে।

ভবামতেই ঘৈণীয়েকে এদিন নৈৰ ঘাটলৈ পানী আনিবলৈ যোৱাৰ পাছত তীখৰ মনে মনে গাব গছজোপাত উঠি বহি থাকিল। ঘৈণীয়েক পানীলৈ গাবগছ জোপাৰ তল পোৱাৰ পাছত সি নাকি সুৰত কলে- এইটো তীখৰৰ ঘৈণীয়েৰ হয়নে?

গাবগছৰপৰা নাকি সুৰত কথা কোৱা শুনি ঘৈণীয়েক থমকি ৰৈ গ'ল। তেতিয়া তীখৰে পুনৰ ক'লে- মই গাব গছৰ যখিনীটো। তোৰ কপাল বৰ ভাল৷ তোৰ কপালত ৰাজৰাণী হোৱাৰ লক্ষ্মণ আছে। কিন্তু তোৰ ৰাজৰাণী হোৱাৰ বাটত তীখৰ হেঙাৰ হৈ থিয় দি আছে। তীখৰক মাৰিব
পাৰিলেই তই ৰাজৰাণী হব পাৰিবি। তীখৰক মাৰাৰ কাৰণে এটা সহজ বুদ্ধি আছে। তই তীখৰক ভালকৈ ৰাজভোগ খোৱাব লগিব। ৰাজভোগ খুৱালেই এমাহমান পাছত সি মৰি থাকিব। তাৰ পাছত ৰজাৰ লৰাৰ লগত বিয়া হৈ তই সুখে-সন্তোষে ৰাজপাট ভোগ কৰিব পাৰিবি। যা, মোৰ কথা অনুসৰি কাম কৰগৈ, তোৰ ভাল হব। কিন্তু সাৱধান, এই এমাহত ৰাজকোঁৱৰৰ লগত এবাৰৰ কাৰণেও তই মিলামিচা নকৰিবি।

ঘৈণীয়েকে কথাটো শুনি হাতত সৰগ ঢুকি পালে। তাই সিদিনাই ৰাজকোঁৱৰক মাতি আনি কথাটো বিৱৰি ক'লে৷ ৰাজকোঁৱৰে কথাটো শুনি বৰ সন্তোষ পালে আৰু ৰাজভোগ খুওৱাৰ কাৰণে তীখৰৰ ঘৈণীয়েকৰ হাতত এগাল ৰূপ দি বিদায় ললে।

পাছদিনাৰ পৰাই তীখৰক ৰাজভোগ খুওৱা আৰম্ভ হল। কাম-বন এৰি ৰাজভোগ খাই তীখৰ পৰম সুখত দিন অতিবাহিত কৰিবলৈ ধৰিলেৰাজভোগ খোৱাৰ ফলত তীখৰৰ স্বাস্থ্য বাঢ়নি পানীৰ সোঁতৰ দৰে ফেনেফুটুকাৰে বাঢ়ি আহিলস্বাস্থ্য যিমানে বাঢ়ে তীখৰে সিমানে শৰীৰ ভাল লগা নাই বুলি কৈ ঘৈণীয়েকক আভুৱাভাঁৰে। ঘৈণীয়েকে ওপৰে ওপৰে সহানুভূতি দেখুৱায় যদিও তলে তলে সুখী হয় আৰু ৰাজকোঁৱৰক ডাঁৰৰ খবৰ ডাঁৰতে দি থাকে। খবৰ শুনি সুখী হৈ ৰাজকোঁৱৰে ৰাজভোগ কিনাৰ কাৰণে তীখৰৰ ঘৈণীয়েকক লগাতকৈও বেছিকৈ ধন যোগান ধৰে।

এমাহ পূৰ হবলৈ এদিন বাকী থাকোঁতে তীখৰে এদিন সন্ধিয়া ঘৈণীয়েকক মাতি কলে- মোৰ গাটো আজি বৰ বেয়া লাগি আছে। আজি হয়তো মই নাবাচো। কেবাবাৰো পাতল শৌচ হৈছেগতিকে আজি মোক বাৰাণ্ডাত বিছনা পাৰি দিয়া। বাৰাণ্ডাতে কোনোমতে পৰি থাকিম। শিতানত দিয়াৰ কাৰণে পীৰা এখন দিলেই হব। গাৰো দিলে মিছাতে নষ্ট হব।

তীখৰৰ যোৱা-থোৱা অৱস্থাৰ কথা জানি ঘৈণীয়েকে মুখত দুখ প্ৰকাশ কৰিলেও মনে মনে খুবেই আনন্দিত হল আৰু ৰাজকোঁৱৰলৈ তীখৰৰ অসুস্থতাৰ খবৰ পঠিয়াই দিলে। তীখৰৰ অসুস্থতাৰ খবৰ পাই ৰাজকোঁৱৰ দৌৰি আহিল।

ৰাজকোঁৱৰে দেখিলে, তীখৰৰ ঘৈণীয়েকে কোৱা কথাই ঠিক। তীখৰ বাৰাণ্ডাত শুই কেঁকাই-গেঁথাই আছে। তীখৰৰ মৰণাপন্ন অৱস্থা প্রত্যক্ষ কৰি তেওঁ মিচিকিয়া হাঁহি মাৰি ঘৰৰ ভিতৰলৈ সোমাই গৈ তীখৰৰ মৃত্যুৰ পাছত কি কৰিব লাগিব এই বিষয়ে তীখৰৰ ঘৈণীয়েকৰ লগত আলোচনা কৰিবলৈ ধৰিলে।

সিহঁত যেতিয়া আলোচনাত মগ্ন তীখৰ সন্তর্পণে পীৰাটোলৈ আহি ৰাজকোঁৱৰৰ মূৰত পূৰ্ণহতীয়া কোব শোধালেকোব খাই ৰাজকোঁৱৰ আই ঐবুলি মজিয়াত ঢলি পৰিল। উপর্যুপৰি আৰু কেইটামান কোব শোধাই তীখৰে ৰাজকোঁৱৰক সিফলীয়া কৰি পেলালে। তাৰ পাছত ৰাজকোঁৱৰক টানি চোঁচৰাই নি ওচৰতে থকা তৰমুজ খেতি এটাত লাঠি এডালেৰে ভেজা দি বহোৱাই থৈ ঘৰলৈ আহি বাৰণ্ডাত বহি হোকা হুপিবলৈ ধৰিলে।

ইফালে ৰাজকোঁৱৰৰ মৃতদেহটো থৈ অহা খেতিৰপৰা কেইদিনমান ধৰি তৰমূজ চুৰি হৈ আছিল। গতিকে গৃহস্থই চোৰ ধৰাৰ উদ্দেশ্যে কেইদিনমানৰপৰা পুতেক দুজনৰ সৈতে খেতি পহৰা দি আছিল। সংযোগবশতঃ তীখৰে ৰাজকোঁৱৰৰ মৃতদেহটো থৈ অহাৰ কিছু সময় পাছত গৃহস্থই পুতেক দুজনক লগত লৈ খেতি পহৰা দিবলৈ আহিল। সিহঁতে দূৰৰপৰা টৰ্চ মাৰি ৰাজকোঁৱৰৰ মৃতদেহটো প্রত্যক্ষ কৰি মৃতদেহটোকে চোৰ বুলি ভাবিলে। চোৰ ধৰা পৰিল বুলি ভাবি গৃহস্থই মনে মনে কলে- কটা, আজি তোৰ তৰমুজ চুৰিৰ আধ্যা পৰিব। আজি কত সাৰিবি বাপেকে! হাতে-লোটে ধৰা পৰিছ আজি।'

গৃহস্থই এইদৰে সন্তোষ প্রকট কৰি হাতৰ লাঠিডাল টানকৈ ধৰি পুতেক দুজনৰ সৈতে মনে মনে আহি ৰাজকোঁৱৰৰ মৃতদেহটো চাৰিওফালৰপৰা ঘেৰি ধৰি যধে-মধে কোবাবলৈ ধৰিলে। এনেয়ে মৃত, তাৰ ওপৰত আকৌ লাঠিৰ কোব! খন্তেক পাছতে মৃতদেহটো বাগৰি পৰিল। ঘায়েল হোৱা বুলি ভাবি গৃহস্থই চোৰৰ মুখত টৰ্চৰ পোহৰ পেলাই উচাপ খাই উঠিল- উৱা, ই দেখোন আমালোকৰ ৰাজকোঁৱৰহে।ৰাজকোঁৱৰে আকৌ তৰমুজ চুৰি কৰেনে? খুজি পঠালেই দেখোন এগাড়ী পঠাই দিব পাৰোঁএইদৰে কৈ গৃহস্থই ৰাজকোঁৱৰক মাতিলে। কিন্তু নাই, ৰাজকোঁৱৰৰ কোনো সঁহাৰি নাই। শেষত গাত ধৰি জোকাৰি মাতিলে। নাই, তথাপিও কোনো সাৰ-সুৰ নাই। নাকত হাত দি চালে। নাই,
উশাহ-নিশাহৰ কোনো লক্ষণ নাই। তাৰ মানে ৰাজকোঁৱৰ মৰি কাঠ হৈ গৈছে। এতিয়া উপায়? খেতিয়কজনে পুতেকহঁতক উদ্দেশ্য কৰি লে- ৰাজকোঁৱৰ মৰিল! সিয়ো আমাৰ লাঠিৰ কোব খাই। ৰজাই গম পালে দেখোন আমাক শূলত দিব। কি কৰা যায এতিয়া? অকণমান চিন্তা-ভাৱনা কৰা।

খেতিয়কৰ কথা শুনি ডাঙৰজন পুতেকে কলে- এই বিপদৰপৰা পৰিত্ৰাণ পোৱাৰ সদ্যহতে কোনো উপায়ে দেখা নাই মইএই বিপদৰপৰা একমাত্র তীখৰেহে উদ্ধাৰ কৰিব পাৰিব। বলক, আমি ৰাজকোঁৱৰকলৈ তীখৰৰ তালৈ যাওঁগৈ।

ডাঙৰ পুতেকৰ পৰামৰ্শ অনুসৰি ৰাজকোঁৱৰৰ মৃতদেহলৈ খেতিয়কজন তীখৰৰ ওচৰলৈ আহিল৷ তীখৰ তেতিয়াও বাৰাণ্ডাত বহি হোকা হুপি আছিল। ডাঙৰ পুতেকে বাহিৰৰপৰা মাত লগালে- তীখৰ কাই, ঘৰত আছেনে?

তীখৰে কোনবুলি সঁহাৰি জনালে।

আমিহে তীখৰ। গৃহস্থই কলে- আমি এটা বৰ ডাঙৰ বিপদত পৰি তোমাৰ ওচৰলৈ আহিছোঁ

ৰাজকোঁৱৰৰ মৃতদেহটোৱে যে বিপদৰ কাৰণ গৃহস্থৰ কথাৰ সুৰতে তীখৰে কথাটো উমান কৰিব পাৰি ক'লে- আহক, সোমাই আহক।

খেতিয়কজন তীখৰৰ ওচৰলৈ আহিল। তীখৰে খেতিয়কজনক দেখি অপেক্ষাকৃত উচ্চকণ্ঠত কলে- অআপুনিহে। পিছে, কওঁকচোন কি বিপদ হল এই ৰাতিখন?

খেতিয়কে ক'লে- অলপ লাহে লাহে কোৱা। বিপদ ঘোৰতৰে…..

তীখৰে আগতকৈও কণ্ঠস্বৰ চৰা কৰি ক'লে- লাহে লাহে কম মানে? কি ঘোৰতৰ বিপদ হল আপোনাৰ?

খেতিয়কজনে ৰাজকোঁৱৰক হত্যা কৰাৰ ঘটনাটো আনুপূর্বিক বিৱৰি ক'লে। খেতিয়কজনৰ মুখৰপৰা ঘটনাৰ বিৱৰণ শুনি তীখৰ মনে মনে হাঁহি সিহঁতক অধিক ভয়-ভীত কৰি তোলাৰ কাৰণে গোঁফত তাও দি ক'লে- কথাটোতো সাংঘাতিকেই। আপোনালোক বাপেক-পুতেক আটাইকেইজন শূলত উঠিব লাগিব। কামটো কৰাৰ সময়তে ভাবি-চিন্তি কৰিব লাগিছিল। এতিয়া মইনো কি সহায় কৰিম? সাধাৰণ মানুহ নহয়- ৰজাৰ লৰা। আপোনালোক শূলত উঠাটো নিশ্চিত। নাই নাই, এই বিষয়ে মই একো বুধি-ভৰসা দিব নোৱাৰিম।

খেতিয়কজনে তীখৰৰ ভৰিত ধৰি ক'লে- যেনেকৈয়ে হওঁক কিবা বুধি কৰি আমাক বচোৱা। তোমাৰ বাহিৰে কোনেও আমাক বচাব নোৱাৰে।

তীখৰে গহীনাই ক'লে- বৰ বিপদত পেলালেহে। বাৰু, ঘৰলৈ গৈ আগতে পাঁচশ টকা লৈ আহকগৈ

ডাঙৰ পুতেকে তৎক্ষণাৎ ঘৰলৈ গৈ পাঁচশ টকা আনি তীখৰৰ হাতত দিলে। তীখৰে টকাকেইটা গণি পকেটত ভৰাই ক'লে- যাওঁক, আপোনালোকে ৰাজকোঁৱৰৰ মৃতদেহটো ৰাজহাউলিৰ সন্মুখত থকা আমগছটোত ফাঁচি লগাই ওলোমাই থৈ আহকগৈ। কামটো কৰি আহি মোক কথাটো জনাই যাব।

তীখৰৰ পৰামৰ্শ অনুসৰি খেতিয়কজনে ৰাজকোঁৱৰৰ মৃতদেহটো ফাঁচি লগাই নিৰ্ধাৰিত আম গছজোপাত ওলোমাই থৈ আহি তীখৰক খবৰটো জনালে। তীখৰে সিহঁতক ঘৰলৈ পঠাই দি সি নিজে ৰাজহাউলিলৈ আহিল আৰু সন্তর্পণে ৰজা-ৰাণীৰ শোৱনি কোঠালিৰ ওচৰলৈ আহি ৰাজকোঁৱৰৰ সুৰ নকল কৰি ক'লে- মা, মোক যদি তীখৰৰ ঘৈণীয়েৰৰ লগত বিয়া পাতি নিদিয়, তেনেহ'লে মই আমগছজোপাত ফাঁচি লগাই আপোনঘাতী হৈ মৰিম।

ৰাজকোঁৱৰৰ কথা শুনি শুই থাকিয়ে ৰাণীয়ে কলে- তই হলি ৰাজকোঁৱৰ। তই বিয়া কৰাবি ৰাজকুঁৱৰীক। বাটৰ ভিকহুৰ ঘৈণীয়েৰক বিয়া কৰোৱাৰ কথা কওঁতে তোৰ লাজ নালাগিলনে?

নাই নাই, মই ৰাজকুঁৱৰীক বিয়া নকৰাও। তীখৰৰ ঘৈণীয়েৰজনীকহে বিয়া কৰাম। তোমালোক অমান্তি হলে মই চিপলৈ মৰিম।

পুতেকৰ কথা শুনি মাকে খঙতে ক'লে- যা, ত মৰিবি মৰগৈ যা। এনেকোৱা কথা পুনৰ কবলৈ নাহিবি।

তীখৰে কথা আগনবঢ়াই মনে মনে ঘৰলৈ আহি শুই থাকিল।

পাছদিনা ৰাতিপুৱা ৰাজহাউলিত হুৱা-দুৱা লাগিল। মর্মান্তিক ঘটনা! ৰাজকোঁৱৰ আমগছত চিপলৈ ওলমি আছে। ঘটনাটো প্রত্যক্ষ কৰি ৰজা-ৰাণী দুয়ো শোকত ভাগি পৰিল৷ ৰাণীৰ মনত দুখ অধিক। কাৰণ তাই ৰাজকোঁৱৰক কিয় মৰিবলৈ কলে ? কিন্তু উপায় নাই, মৰাজনকতো
আৰু ওভতাই আনিব নোৱাৰি। অৱশেষত ৰাজকোঁৱৰৰ মৃতদেহ গছৰপৰা নমাই শেষকৃত্যৰ কাৰণে শ্মশানলৈ লৈ যোৱা হ'ল।

চিতাৰ জুই দাউ দাইকৈ জ্বলি উঠিল৷ এঘণ্টামানৰ ভিতৰত কোঁৱৰৰ নশ্বৰ দেহ পুৰি ছাই হৈ গ'ল। ছাই গংগাত উটুৱাই দিয়া নিয়ম। কিন্তু ওচৰত নদী নথকাত ছাইখিনি এটা পাত্ৰত ভৰাই ছাই পূৰ্ণ পাত্ৰটো ওচৰত থকা পিতনিলৈ লৈ যোৱা হ'ল।

তীখৰ আগৰেপৰাই পিতনিৰ পানীত থকা দলনিৰ মাজত লুকাই আছিল। ছাইখিনি পিতনিৰ পানীত বিসর্জন দিয়াৰ লগে লগে তীখৰে ৰাজকোঁৱৰৰ সুৰ নকল কৰি ক'লে- দেউতা, তীখৰক যদি অৰ্দ্ধৰাজ্য নিদিয়া তেনেহ'লে মই মৰিও স্বৰ্গ নাপাম। গতিকে অৰ্দ্ধৰাজ্য দি তীখৰক ৰজা পাতিবা। তেহে মই স্বৰ্গ পাম। নহ'লে মই ৰৌ ৰৌ নৰকত জ্বলি-পুৰি মৰিব লাগিব।

কোঁৱৰৰ অন্তিম ইচ্ছা পূৰণ কৰাৰ কাৰণে পাছদিনাই তীখৰক মাতি আনি অৰ্দ্ধৰাজ্য লেখি দিলে আৰু ৰাজকুঁৱৰীৰ লগত বিয়া পাতি দি ৰজা পাতিলে। ৰজা হৈ তীখৰে সুখে-সন্তোষে ৰাজপাট ভোগ কৰিবলৈ ধৰিলে।
                       বুদ্ধিৰ দোষত কোঁৱৰ মৰিল
                        তীখৰ গৈ ৰাজপাটত বহিল।...........

              দুর্বাসাৰ বিলৈ

মানুহজনৰ নাম দুর্বাসা । খং অলপ বেছি। নাম আৰু কামত একেবাৰে ৰাহি-যোৰা মিল। সাধাৰণ কথাতে টিঙৰি তুলা হৈ উঠে। ধানটোৰ পৰা কণটো খহিলেই বিশেষকৈ ঘৈণীয়েকৰ লগত হকে-বিহকে কাজিয়া কৰে। ফলত ঘৈণীয়েকে তাক সমীহ কৰি চলে।

এবাৰ দুৰ্বাসাৰ টান নৰিয়া হল। মফচলৰ বেজ-কবিৰাজৰ জৰিয়তে চিকিৎসা কৰাই ফল নধৰাত সি সদৰৰ ডাক্তৰৰ ওচৰলৈ যাব লগা হ'ল।

ডাক্তৰে নানা পৰীক্ষা-নিৰীক্ষা কৰি ৰোগ ধৰিব নোৱাৰি শেষত প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈ কলে- সাধাৰণ দৃষ্টিত আপোনাৰ তেনে কোনো ৰোগ ধৰা পৰা নাই। গতিকে প্ৰস্ৰাৱ পৰীক্ষা কৰিব লাগিব। এইদৰে কৈ ডাক্তৰে বটল এটা আগবঢ়াই ক'লে- এই বটলটো লৈ যাওঁক। কাইলৈ
ৰাতিপুৱাৰ প্ৰথম প্ৰস্ৰাৱ এই বটলটোত ভৰাই লৈ আহিব।

বটলটোলৈ দুর্বাসা ঘৰলৈ আহিল আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পাছদিনা ৰাতিপুৱা বটলটোত প্ৰস্ৰাৱ কৰি ঘৰৰ এচুকত থৈ দিলে। কিন্তু দুর্ভাগ্যবশতঃ ঘৈণীয়েকে ঘৰ সাৰিবলৈ যাওঁতে হঠাৎ বাঢ়নিৰ খুন্দা লাগি বটলটো বাগৰি পৰি গোটেই সোপা প্ৰস্ৰাৱ পৰি গ'ল।

মানুহজন খঙাল। প্ৰস্ৰাৱ পৰাৰ কথা শুনিলে তাইক সুদাই নেৰিব। গালি-শপনিতো সাধাৰণ কথা, মাৰপিটো কৰিব পাৰে। সেয়ে মাৰ খোৱাৰ ভয়ত ঘৈণীয়েক নিজে বটলটোত প্ৰস্ৰাৱ কৰি পুনৰ আগৰ ঠাইতে থৈ দিলে।

দুর্বাসা গা-পা ধুই ভাত-পানী খাই সদৰলৈ আহি ডাক্তৰক প্ৰস্ৰাৱপূৰ্ণ বটলটো দিলে। ডাক্তৰে বটলটো পৰীক্ষাগাৰলৈ পঠাই দিলে। কিছু সময় পাছতে পৰীক্ষাৰ ৰিপোৰ্ট আহিল। কিন্তু ৰিপোৰ্ট চাই ডাক্তৰ অবাক। ইকি কাণ্ড! পুৰুষ মানুহৰ গৰ্ভ? একেবাৰে দেখোন গছত গৰু উঠা কথা।ই কেনেকৈ সম্ভৱ?  সেয়ে পৰীক্ষা ভুল হোৱা বুলি ভাবি ডাক্তৰে পুনৰ পৰীক্ষা কৰাৰ কাৰণে নিৰ্দ্দেশ দিলে।

দ্বিতীয় বাৰ পৰীক্ষা কৰাৰ পাছতো একেই ৰিপোৰ্ট ওলাল। শেষত নিৰূপায় হৈ ডাক্তৰে দুৰ্বাসাক মাতি আনি কথাটো জনালে৷ দুর্বাসা নিজেও অবাক হল ৰিপোৰ্টৰ কথা শুনি। সি বেজাৰ মনেৰে ঘৰলৈ আহিল। কিন্তু কাৰো ওচৰত সি কথাটো প্ৰকাশ নকৰিলে৷ এনেকি ঘৈণীয়েকৰ ওচৰতো নহয়। সি কথাটো বাৰু কয় কেনেকৈ? মানুহে শুনিলে তাক কি বুলি ক? এইদৰে নানা কথা গুণা-গঁথা কৰি সি আমন-জিমনকৈ বহি থকা হকাৰো লগত সি মাত-বোল নকৰে। সদায় মন মাৰি থাকে৷

তাৰ এই ভাবান্তৰলৈ লক্ষ্য কৰি ঘৈণীয়েকে এদিন সুধিলে- কি হ? ডাক্তৰৰ ওচৰৰপৰা অহাৰেপৰা দেখোন আপুনি একেবাৰে মন মাৰি আছে। অসুখ খুব ঘোৰতৰ নেকি?

দুর্বাসাই হুমুনিয়াহ কাঢ়ি কলে- নাই নাই, অসুখ ঘোৰতৰ নহয়। সাধাৰণ অসুখ।

তেনেহ'লে মন মাৰি আছে কিয়? কি অসুখ তাকে কওঁকচোন?

দুর্বাসাই অসুখৰ কথা নকয়। ইফালে ঘৈণীয়েকেও নেৰে। শেষত বাধ্য হৈ সি ঘৈণীয়েকক অসুখৰ কথা কলে।

নোহোৱা নোপোজা অসুখৰ কথা শুনি ঘৈণীয়েকে কলে- ই কেনেকৈ সম্ভৱ? পৰীক্ষাত ভুল হোৱা নাইতো?

নাই নাই, ভুল হোৱা নাই। দুবাৰ পৰীক্ষা কৰিছে। একেই ৰিপোৰ্ট ওলাইছে।

ঘৈণীয়েকৰ সন্দেহ হল। তাইৰ প্ৰস্ৰাৱৰ ৰিপোৰ্ট ওলাইছে হয়তো। কাৰণ তাই নিজেও সন্তান সম্ভৱা। ইফালে প্ৰস্ৰাৱ পৰি যোৱাত তাই বটলটোত নিজে প্ৰস্ৰাৱ কৰি থৈছিল। সেয়ে তাই কলে- আপুনি চিন্তা কৰিব নালাগে। প্ৰস্ৰাৱৰ ৰিপোৰ্ট ঠিকেই ওলাইছে। কিন্তু এই ৰিপোৰ্ট আপোনাৰ প্ৰস্ৰাৱৰ নহয়, মোৰ প্ৰস্ৰাৱৰহে ৰিপোৰ্ট। এইদৰে কৈ ঘৈণীয়েকে সিদিনাৰ ঘটনা ভাঙিপাতি কৈ ক'লে- প্ৰস্ৰাৱ পৰি যোৱাত আপোনাৰ ভয়ত মই নিজে পুনৰ প্ৰস্ৰাৱ কৰি বটলত ভৰাই থৈছিলো তাৰে ৰিপোর্ট ওলাইছে। আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি আন এটা বটলত প্ৰস্ৰাৱ কৰি পুনৰ ডাক্তৰৰ ওচৰলৈ লৈ যাওঁকগৈ। কাইলৈয়ে যাওঁকগৈ।

কথাটো শুনাৰ পাছত দুর্বাসাৰ মূৰৰপৰা যেন হিমালয় পর্বত নামি গল। কথাটো শুনি সি খং কৰিব লাগিছিল যদিও খং কৰাৰ পৰৱিৰ্ত্তে কোমল সুৰত কলে- ভুল আচলতে মোৰে হৈছে। তোমাৰ লগত হকে-বিহকে খং কৰাৰ ফল মই হাতে হাতে পালো। আজিৰপৰা মই তোমাৰ লগত কোনো কথাতে খং নকৰো।
                        অযথা অনাহকত যিজনে খং কৰে
                        দুর্বাসাৰ দৰে সিজন বিপদত পৰে।।

                      বুধিয়ক অন্ধ

মানুহজনৰ নাম পদ্মলোচন। কিন্তু সি জন্মৰেপৰা অন্ধ। অন্ধ হলেও সি লাখুঁটিৰ সহায়ত অনায়াসে ফুৰা-চকা কৰিব পাৰে। প্ৰয়োজনত সি গা বচাই ভিৰৰ মাজতো লাঠিৰ সহায়ত অনায়াসে অহা-যোৱা কৰিব পাৰে। মাথোন সেয়াই নহয়, চহৰ-নগৰত সি গাড়ী-মটৰৰপৰা গা বচাই অলি-গলি চলাথ কৰিব পাৰে।

এবাৰ সি ভিক্ষা মাগিবলৈ যাওঁতে হঠাৎ উজুটি খাই ৰাস্তাৰ দাঁতিত থকা শিৱলিংগ এটাৰ ওপৰত উবুৰি খাই পৰিল।শিৱলিংগটো আওহতীয়া ঠাইত অৱস্থিত। ফলত ভক্তৰ সিমান সমাগম নহয়। বিশেষ উৎসৱ-পাৰ্বণ নহলে ঠাইডোখৰলৈ মানুহ প্রায় নাযায়েই। সেয়ে ভোলানাথ সর্বক্ষণ প্রায় ধ্যানস্থ হৈয়ে থাকে। সিদিনাও ভোলানাথ ধ্যানস্থ হৈয়ে আছিল। গতিকে পদ্মলোচন তেনেকৈ উবুৰি
খাই পৰাত কোনোবা ভক্তই তেওঁক সাষ্টাংগে প্রণিপাত কৰা বুলি ভাবি তেওঁ ভক্তৰ প্ৰতি প্ৰসন্ন হল। সেয়ে ভোলানাথে ভক্তক বৰ দিয়াৰ কথা ভাবিলে। তেওঁ চকু উন্মীলন নকৰাকৈয়ে কলৈ- বৎস, মোৰ প্ৰতি তোমাৰ অচলা ভক্তি দেখি মই খুবেই প্রসন্ন হৈছোঁ৷ গতিকে তোমাক মই বৰ দিব খুজিছো। এতিয়া কোৱা, কি বৰ লাগে তোমাক? কিন্তু সাৱধান, মাথোন এটা বৰহে খুজিবা। এবাৰত মই এটাৰ বাহিৰে দুটা বৰ দিয়াৰ নিয়ম নাই।

ভোলানাথে বৰ দিয়াৰ কথা শুনি পদ্মলোচনে হাতত সৰ্গ ঢুকি পালে। কিন্তু বৰ মাথোন এটাহে। গতিকে সি বিমোৰত পৰিল। লাগোঁতে তাৰ ঢেৰ কিবা-কিবি লাগে। তাৰ ভিতৰত মুখ্য হল দৃষ্টি শক্তি আৰু ধন-সম্পত্তি। এই দুটাৰ ভিতৰত আকৌ দৃষ্টি শক্তি নাথাকিলে দিনতে অন্ধকাৰপৃথিবীৰ ৰূপ-ৰস-গোন্ধ তাৰ বাবে অর্থহীন। যাৰ দৃষ্টিশক্তি নাই সিহে বুজে দৃষ্টিশক্তিৰ মর্ম। মাথোন জীয়াই থকাহে। সেয়াও লোকৰ গলগ্রহ হৈ৷ গতিকে সি চকু দুটা ভাল কৰি দিয়াৰ বাবে বৰ খোজাৰ কথা ভাবিলে। কিন্তু আকৌ এবাৰ ভাবিলে, তাৰ মাটি-সম্পত্তি বুলিবলৈ একোৱে নাই। দৃষ্টিশক্তি নাই বাবে কোনো মতে খুজি-মাগি খাই-বই আছে। মানুহে পুতৌ কৰি ভিক্ষামুঠি দিছে। কিন্তু দৃষ্টিশক্তি ওভতাই পালে মানুহবোৰে জানো তাক ভিক্ষা দিব? এইবোৰ কথা মনতে ভাবি সি দৃষ্টিশক্তি ওভতাই পোৱাতকৈ অন্ধ হৈ থকাটোৱে উত্তম বুলি ভাবিলে।

সেয়ে সি ধন-সম্পত্তি খোজাৰ কথা ভাবিলে। ধন-সম্পত্তি থাকিলে দৃষ্টিশক্তি নাথাকিলেও সি ভালদৰে খাই-বই জীয়াই থাকিব পাৰিব। আকৌ ভাবিলে, চকুৰ দৃষ্টি নাথাকিলে সি জানো মনে বিচৰা সুখ পাব? সেয়ে সি এটা বৰৰ জৰিয়তে সকলো বস্তু পোৱাৰ কথা ভাবিলে। যাৰ দ্বাৰা এফালে সি দৃষ্টিশক্তিও ওভতাই পাব আৰু আনহাতে ধন-সম্পত্তিও লাভ হকিন্তু কেনেকৈ খোজে সেই বৰটো?
এইদৰে মনতে গুণাগঁথা কৰি থাকোঁতে ভোলানাথ অধৈর্য হৈ উঠিল- বৎস, মনে মনে আছা কিয়? বৰ খোজা। যি খুজিবা তাকেই পাবা। যি মন যায় তাকেই খোজা।

পদ্মলোচনৰ মনত হঠাৎ এটা বুদ্ধি খেলালে৷ এপাত শৰেৰে সি দুটা চিকাৰ কৰাৰ কথা ভাবিলে৷ ভবামতেই সি পুনৰ সাষ্টাংগে প্ৰণিপাত কৰি ক'লে- প্রভু, বৰ মাথোন এটাহে। গতিকে তুমি মোক এনেকুৱা এটা বৰ দিয়া যাতে মই সোণৰ সিংহাসনত বহি দুচকুৰে চাই সোণৰ থালত ৰূপৰ চামুচেৰে খাব পাৰোঁ

ভোলানাথে তৰ্কিবই নোৱাৰিলে যে, পদ্মলোচনে এটা বৰতে সংসাৰৰ সকলো বস্তুকে খুজিছে। সেয়ে তেওঁ প্ৰসন্ন চিত্তে দুহাত তুলি লে- তথাস্তু।

ভোলানাথৰ বৰ অথলে নাযায়। আখৰে আখৰে ফলিয়ায়। পদ্মলোচনক দিয়া বৰো আখৰে আখৰে ফলিয়ালে। লগে লগে সি দৃষ্টি শক্তি ওভতাই পালে৷ চকুৰে দেখাৰ লগে লগে সি আগৰ পদ্মলোচন গুচি নতুন মানুহ হৈ পৰিল৷ ভোলানাথক দেখিয়ে সি চিঞৰি উঠিল- ছিঃ ছিঃ,
ভোলানাথ ইমান লেতেৰা! সাপডাল ডিঙিত মেৰিয়াইলৈ ভাং খাই কি ভয়ংকৰ মূৰ্তি ধৰি আছেহে……..
                             কামৰ সময়ত লাগী
                            কাম সিজিলেই এলাগী।

               কালীমাতা

এসময়ত এজন বৰ কৃপণ মানুহ আছিল । এবাৰ তাৰ বৰ টান নৰিয়া হল। কিন্তু সি কৃপণ কাৰণে বেজ-কবিৰাজ বা ডাক্তৰৰ ওচৰলৈ নগৈ কালীমাতাৰ শৰণাপন্ন হল। সি কালীমাতাক অনুনয়-বিনয় কৰি ক'লে- মাতা, তুমি যদি মোৰ এই ৰোগ আৰোগ্য কৰি দিয়া তেনেহ'লে মই
তোমালৈ এটি গাই ভোগ হিচাপে আগবঢ়াম।

কালীমাতাই প্ৰসন্ন হৈ কলে- তথাস্তু।

ইয়াৰ পাছত মানুহজন ৰোগমুক্ত হল।ৰোগমুক্ত হোৱাৰ পাছত সি কালীমাতাক দিয়া বচনৰ কথা পাহৰি গ'সেয়ে কালীমাতাই এদিন তাক সপোনত দেখা দি ক'লে- বৎস, তই দেখোন গাইৰ কথা পাহৰি আছ। সোনকালে তোৰ কথামতে কাম কৰ, নহলে কিন্তু তই আকৌ ৰোগ ভোগ কৰিব লাগিব।

কৃপণে ইচ্ছাকৃত ভাবে কথাটো পাহৰি আছিল৷ গতিকে সি আথেবেথে কলে-নাই নাই মাতা, তেনে কাম নকৰিবামই অতি সোনকালেই গাইজনী ভোগ হিচাপে আগবঢ়াম। গাইজনী বর্তমান গাভিন। সেই কাৰণেহে পলম হৈ আছে। পিয়ল দিলেই গাইজনী তোমাক দি আহিম। তেতিয়া আপুনি গাখীৰটোপাও খাব পাৰিব।

এইদৰে আভূৱাভাঁৰি কালীমাতাক বিদায় দি পুনৰ সি মূৰপোলকা মাৰি থাকিল। কিছুদিন পাছত কালীমাতাই পুনৰ সপোনত দেখা দি ক'লে-বৎস, তই মোক আভুৱাভাঁৰি আছ। এইবাৰো দেখোন গাইজনী নিদিলি। গাইজনীয়ে দেখোন কেতিয়াবাই পিয়ল দিলে।

এইবাৰ কৃপণে নাক মোহাৰি বুদ্ধি উলিয়াই কলে- মাতা, এইবাৰ বেলেগ এটা বিপদত পৰিছোঁআমাৰ এজনী মেকুৰী আছে। মেকুৰীজনীয়ে তিনিটামান পোৱালি জগাইছে। কিন্তু পোৱালিবোৰে মাকৰ পিয়াহ নাপায়। গাইজনীৰ গাখীৰ খুৱাই কোনোমতে ডাঙৰ-দীঘল কৰি আছোঁগাইজনীৰ গাখীৰ নোখোৱালে ইমান দিনে পোৱালিকেইটা মৰিয়ে থাকিলহেঁতেন। গতিকে এইবাৰ কথা ৰাখিবপৰা নাই। পোৱালিকেইটাই ভাত-মাছ খাবপৰা লেই তোমাক গাইজনী দি আহিমগৈ।

আকৌ এমাহমান পাৰ হল। এইবাৰো গাইজনী নিদিয়াত কালীমাতাই পুনৰ দেখা দি ক'লে- এইবাৰ কিন্তু মই তোৰ কোনো কথাই
নুশুনো৷ দুদিনৰ ভিতৰত গাইজনী দি নাহিলে তই পুনৰ নৰিয়াত পৰিবি। তেতিয়া কিন্তু মোৰ ভৰিত পৰি কান্দিলেও তোক ৰোগমুক্ত নকৰোঁ

নাই নাই, মাতা এইবাৰ নিশ্চয় দিম। এইদৰে কৈয়ে কৃপণে এটা বুদ্ধি পাঙিলে। সি কলে- গাইজনীয়ে বৰ্তমান গাখীৰ দিয়া বন্ধ কৰিছে। গতিকে তুমি গাইজনীৰে কি কৰিবা! মিছাতে ঘাঁহ-পানী খোৱাই থাকিব লাগিব। গতিকে গাইজনী বিক্ৰী কৰি টকা দিলে হবনে মাতা?

গাইজনীয়ে গাখীৰ দিয়া বন্ধ কৰাৰ কথা শুনি কালীমাতাই ভ্রূযোৰ কোঁচাই কিছু সময় ভাবিলে। বৎসই কথাটো মিছা কোৱা নাই। গাখীৰ নাই যদি গাইৰেনো কি কৰিব? এইদৰে ভাবি মাতাই কলে-বাৰু, গাখীৰ নাই যদি গাইজনী বিক্ৰী কৰি টকাকে দিবি বাৰু।

এইবাৰ আভুৱাভাঁৰা সম্ভৱ নহ'ব বুলি ভাবি পাছদিনা কৃপণে গাইজনী আৰু মেকুৰী পোৱালি এটালৈ হাটলৈ গ'ল। গ্ৰাহকে গাইজনীৰ মূল্য সোধাত কৃপণে কলে- গাইজনী মই বিক্ৰী কৰিম ঠিকেই; কিন্তু ইয়াত মোৰ এটা চৰ্ত আছে। গাইজনীৰ লগত মেকুৰী পোৱালিটোও কিনিব লাগিব। কিন্তু ইয়াতো আন এটা চৰ্ত আছেগাইজনীৰ মূল্য পাঁচ টকা আৰু মেকুৰী পোৱালিটোৰ মূল্য পাঁচ হাজাৰ টকা দিব লাগিব।

গ্ৰাহকে কৃপণৰ কথা শুনি অবাক। ই কেনে গছত গৰু উঠা কথা! গাইৰ মূল্য পাঁচ টকা আৰু মেকুৰী পোৱালিৰ মূল্য পাঁচ হাজাৰ টকা। মেকুৰী পোৱালি কোনে পাঁচ হাজাৰ টকা দি কিনিব? গতিকে গ্ৰাহকজন গাইজনী নিকিনি গুচি গল।

এনেকৈ কেবাজনো গ্রাহক ঘুৰি যোৱাৰ পাছত এজন টেঙৰ গ্ৰাহকে ভাবিলে, গাইৰ মূল্য পাঁচ টকা আৰু মেকুৰী পোৱালিৰ মূল্য পাঁচ হাজাৰ টকা মানে কথা একেটাই দেখোন। মূল্যতো আচলতে পাঁচ হাজাৰ টকাই। গাইজনী পাঁচ হাজাৰ টকাত কিনিলো, নে মেকুৰী পোৱাৱিটো পাঁচ হাজাৰ টকাত কিনিলো কিনাৰ পাছত কোনেনো তাৰ হিচাপ কৰিবলৈ যাব? গাইজনী ছয় হাজাৰ টকাত কিনিলেও লোকচান নাই। বৰং লাভেই হব। গতিকে পাঁচ হাজাৰ পাঁচ টকাত গাই আৰু মেকুৰীজনী কিনিলে লাভেই হব। এইদৰে মনতে ভাবি কৃপণে কোৱা ধৰণে সি গাই আৰু মেকুৰী পোৱালিটো পাঁচ হাজাৰ পাঁচ টকা দি কিনিলে।

হাটৰপৰা টকালৈ ওভতাৰ বাটত কালীমাতাৰ মন্দিৰলৈ গৈ কৃপণে মাতাক পাঁচ টকা ৰূপ আগবঢ়াই কলৈ- মাতা গাইজনী পাঁচ টকাত বিক্ৰী কৰিছোঁএতিয়া তোমাৰ অংশৰ টকালৈ মোক দায় মুক্ত কৰা।

গাইজনী পাঁচ টকাত বিক্ৰী কৰাৰ কথা শুনি মাতাই অবাক হৈ ক'লে- গাইজনী ইমান কম দামত বিক্ৰী কৰিলি নেকি?

কৃপণে কলে- কি কৰিম মাতা, গাইজনী তোমাৰ ভোগ বুলি শুনি কোনেও কিনিবলৈ সাহস নকৰে। এজনে কিনিলে যদিও পাঁচ টকাৰ বেছি নিদিলে।

এইদৰে কালীমাতাক আভূৱাভাঁৰি মেকুৰী বিক্ৰী কৰি পোৱা পাঁচ হাজাৰ টকা লৈ কৃপণ ৰং মনেৰে ঘৰমূৱা হ'ল।

    কৃপণে ধন ৰাহি কৰিবলৈ সততে বুদ্ধি পাঙে

    সুযোগ পালে কালীমাতাকো ঠগে।।

                  খৰিকটীয়া আৰু দৈত্য

এদিন এজন খৰিকটীয়াই অটব্য অৰণ্যলৈ অকলে খৰি কাটিবলৈ গৈছিল। গছ এডাল কাটি বগৰাই পেলোৱাৰ লগে লগে এটা দৈত্য প্রকট হৈ ক'লে- বহু যুগ ধৰি এজন তান্ত্রিকে মোক এই গছডালত আৱদ্ধ কৰি ৰাখিছিল। তই গছডাল কাটি মোক মুক্ত কৰাত মই তোৰ ওপৰত খুবেই প্রসন্ন হৈছোঁএইদৰে কৈ দৈত্যই খৰিকটীয়ালৈ এটা পিতলৰ চাকি আগবঢ়াই ক'লে- এই চাকিটো লৈ যা। গভীৰ নিশা তই চাকিটোত ঘঁহা মাৰিলেই মই গৈ তোৰ আগত উপস্থিত হম আৰু তেতিয়া তই যি বিচাৰিবি তাকেই পাবি। কিন্তু এই খিনিতে এটা চৰ্ত আছে। তই যি পাবি তাৰ দুগুণ পাব তোৰ ওচৰ-চুবুৰীয়াই

এইদৰে কৈ চাকিটো দি দৈত্যটো গুচি গ'ল আৰু চাকিটোলৈ খৰিকটীয়া ৰং মনেৰে ঘৰলৈ আহিলদৈত্যই কোৱা কথা কিমানদূৰ সত্য তাকে প্রমাণ কৰিবলৈ সি গভীৰ নিশা চাকিটোত ঘঁহা মাৰিলে। লগে লগে দৈত্যটো তাৰ সন্মুখত প্ৰকট হৈ ক'লে- বৎস, কি লাগে কোৱা।

তেতিয়া খৰিকটীয়াই ক'লে- জন্মৰেপৰা মই এই উৰুখা পঁজাটোত বাস কৰি আছো। বৰষুণ দিলেই পানী সৰে। লৰা-ছোৱালীলৈ বৰ কষ্টত দিন কালাতিপাত কৰি আছোঁমোক এই পঁজাৰ ঠাইত এটা দুমহলীয়া অট্টালিকা বনাই দিয়া।

তথাস্তুবুলি দৈত্যটো গুচি গ'ল আৰু দৈত্যটোৱে কোৱামতেই খন্তেক পাছতে পঁজা ঘৰটো দুমহলীয়া অট্টালিকালৈ ৰূপান্তৰ হল। অট্টালিকাটো পাই খৰিকটীয়া খুব আনন্দিত হল আৰু ল'ৰা-
ছোৱালীলৈ গভীৰ টোপনিত লালকাল দিলে।

সিদিনা খৰিকটীয়াই আনদিনাতকৈ অলপ পলমকৈ সাৰ পালে। চকু মোহাৰি বাহিৰলৈ ওলাই আহি দেখিলে তাৰ ওচৰ-চুবুৰীয়াৰ পঁজা ঘৰবোৰ চাৰি মহলীয়া অট্টালিকালৈ ৰূপান্তৰ হৈছে। দৈত্যই কোৱা কথা সঁচা হোৱাত সি দৈত্যটোক হিয়া উবুৰিয়াই ধন্যবাদ দিলে। ইয়াৰ পাছত সি ধন-সম্পত্তি, লগুৱা-বনুৱাকে আদি কৰি তাৰ প্ৰয়োজনীয় বস্তুবোৰ বিচাৰিলে আৰু বিচৰা ধৰণেই সকলো বস্তু পালে। ফলত দুখীয়া খৰিকটীয়া ধনী হৈ ল'ৰা-ছোৱালীলৈ মহাসুখত ৰাজভোগ খাই দিন অতিবাহিত কৰিবলৈ ধৰিলে

কিন্তু দিন বাগৰাৰ লগে লগে এই আনন্দৰ মাজতো এষাৰ কথাই তাক আমনি কৰিবলৈ ধৰিলে। সি যিমান পালে তাৰ ওচৰ-চুবুৰীয়াই পালে তাৰ দুগুণ। ফলত ওচৰ-চুবৰীয়াৰ প্ৰতি তাৰ ঈৰ্ষা উপজিল। সি বিচাৰিব আৰু তাৰ ওচৰ-চুবুৰীয়াই তাৰ দুগুণ পাব। কৰ্ম কৰিব সি আৰু
তাৰ ফল ভোগ কৰিব ওচৰ-চুবুৰীয়াই! ই কেনেকোৱা কথা? গতিকে সি মনতে এটা বুদ্ধি পাঙিলে। সি তাৰ এটা চকু কণা কৰি দিয়াৰ বাবে বৰ বিচৰাৰ কথা ভাবিলে। কাৰণ চৰ্ত মতে তাৰ এটা চকু কণা হলে ওচৰ-চবুৰীয়াৰ দুটা চকু কণা অৰ্থাৎ অন্ধ হোৱাৰ কথা। এটা চকুলৈ সি স্বচ্ছন্দে খাই-বই জীয়াই থাকিব পাৰিব; কিন্তু ওচৰ-চবুৰীয়াৰ দুটা চকু কণা অর্থাৎ অন্ধ হলে লাখুঁটিলৈ ফুৰিব লাগিব। তেতিয়া সিহঁতৰ সকলো ধন-সম্পত্তি অথলে যাব। মোতকৈ দ্বিগুণ পোৱাৰ মজাটো তেতিয়া পাব সিহঁতে!

এইদৰে মনতে ভাবি সি চাকিটোত ঘঁহা মাৰি দৈত্যটোক হাজিৰ কৰি ক'লে-মোৰ এটা চকু কণা কৰি দিয়া।

তেতিয়া দৈত্যটোৱে সাৱধান বাণী শুনালে- তোৰ এটা চকু কণা হলে, কিন্তু ওচৰ-চুৰীয়াৰ দুটা চকু অন্ধ হৈ যাব।

খৰকিটীয়াই কলে- হওঁক অন্ধ। মই ইয়াকে বিচাৰিছোঁ

খৰিকটীয়াৰ আঁকোৰগোজ মনোভাব লৈ লক্ষ্য কৰি তথাস্তুবুলি দৈত্যটো গুচি গ'ল আৰু খন্তেক পাছত তাৰ এটা চকু কণা হৈ গ'ল।

পাছদিনা ৰাতিপুৱা সি ওচৰ-চুৰীয়াৰ ঘৰলৈ গৈ দেখে যে, সকলোৰে চকু অন্ধ হৈ গৈছে আৰু আটায়ে লাখুঁটিত ভৰ দি খেপিয়াই খেপিয়াই ফুৰি আছে। দৃশ্যটো দেখি খৰিকটীয়াই তৃপ্তিৰ উশাহ ল'লে।
                   হিংসা-দ্বেষ-ঈর্ষাই মনত জুই জ্বলায়
                  প্রেম-প্রীতি ভ্রাতৃত্বইহে মনৰ শান্তি বঢ়ায়।

                 স্পর্শ কাতৰ তিনিজন মানুহ

জেঠ মাহ। টিকা-ফটা ৰদ। বেলেগ বেলেগ পৰ্যায়ৰ তিনিজন স্পৰ্শ কাতৰ মানুহ তিনি দিশৰপৰা আহি পাৰঘাটত লগ লাগিল।

এজনৰ হাতত খৰ। সি সদায় খজুৱাই থাকে। এখন্তেক নোখজুৱালে তাৰ উপায় নাই। এওঁক আমি খৰেখোৱা বুলি ক'ব পাৰো। এজনৰ চকুত সদায় ফেচকুৰি ওলাই থাকে। কিছু সময় ফেচকুৰি নুমচিলে সি অন্ধ মানুহৰ দৰে চকুৰে নেদেখে। এওঁক আমি ফেচকুৰীয়া বুলি কম। আনজনৰ মুৰত চুলি নাই। ৰ'দৰ মাজত ওলালে মূৰত কিবা এখন কাপোৰ নিদিলে তাৰ ব্ৰহ্মতালু গৰম হৈ উঠে। এওঁক তপামূৰীয়া বুলি কোৱা যাওঁক।

তিনিও ডাল-দৰিদ্ৰ। ভিক্ষা মাগি পেট প্ৰৱৰ্ত্তায়। সেয়ে সিহঁতৰ ওচৰত নৈ পাৰ হবলৈ ভাড়া নাছিল। নাৱৰীয়াই যেতিয়া ভাড়া খুজিলে তেতিয়া সিহঁতে ভাড়া নাই বুলি জনালে। ভাড়া নোহোৱাকৈ নৈ পাৰ নকৰে বুলি নাৱৰীয়াজনে স্পষ্টভাবে জনাই দি নাৱত উঠিবলৈ নিষেধ কৰিলে।

সিহঁতৰ কাৰণে নৈ পাৰ হোৱাটো খুবেই জৰুৰী আছিল। সেয়ে সিহঁতে নৈ পাৰ কৰি দিয়াৰ
বাবে নাৱৰীয়াজনক কাকুতি-মিনতি কৰিবলৈ ধৰিলে। নাৱৰীয়াই লক্ষ্য কৰিলে তিনিওজন বেলেগ বেলেগ ধৰণৰ স্পৰ্শ কাতৰ মানুহ। গতিকে সি মনে মনে বুদ্ধি পাঙি সিহঁতৰ মৰ্মস্থলত হাত নিদিয়াৰ প্ৰতিশ্ৰুতি লৈ নৈ পাৰ কৰি দিয়াৰ কথা ভাবিলে। এইদৰে মনতে ভাবি নাৱৰীয়াই লে- মই নৈ পাৰ কৰি দিব পাৰো; কিন্তু আপোনালোকে আপোনালোকৰ স্পৰ্শ কাতৰ ঠাইত অৰ্থাৎ মর্মস্থলত হাত নিদিব বুলি প্রতিশ্রুতি দিব লাগিব। অর্থাৎ খৰেখোৱাই খৰ খজুৱাব নোৱাৰিব, ফেচকুৰীয়াই ফেচকুৰি মচিব নোৱাৰিব আৰু তপামূৰীয়াই মূৰত হাত দিব নোৱাৰিব।

সিহঁতৰ কাৰণে নৈ পাৰ হোৱাটো খুবেই জৰুৰী আছিল। ফলত নাৱৰীয়াজনৰ চৰ্ত মানিলৈ সিহঁত নাৱত উঠি বহিল। নাও গৈ মাজ নদী পালে। ইফালে টিকা-ফটা ৰদ। ৰ'দৰ তাপ পাই খৰেখোৱাৰ খজুৱতি আৰম্ভ হ'ল। ফেচকুৰীয়াৰ চকুৰপৰা ফেচকুৰি ওলাই চকু অন্ধ হোৱাৰ
উপক্রম হল। তপামূৰীয়াৰ মূৰ গৰম হৈ উঠিল। কিন্তু চৰ্তমতে সিহঁতে মর্মস্থলত হাত দিব নোৱাৰে। সেয়ে সিহঁত অশেষ ধৈর্য ধৰি থাকিল।

কিন্তু এটা সময়ত খৰেখোৱাৰ খজুৱতি ইমানেই তীব্ৰ ৰূপ ধাৰণ কৰিলে যে সি অধৈৰ্য হৈ উঠিল। সেয়ে সি খৰ খজুৱাৰ কাৰণে মনে মনে বুদ্ধি পাঙি এটা গল্প আৰম্ভ কৰিলে- আমাৰ আতাকৰ গৰুগাড়ী আছিল। তেওঁৰ বলধ দুটা আছিল খুবেই তজবজীয়া। গাড়ীলৈ ওলালে তেওঁৰ
আগত কোনেও গাড়ীলৈ যাব নোৱাৰিছিল। আগত গাড়ী দেখিলে বলধ দুটাৰ নেজত ধৰি এনেকৈ মোচড় মাৰিছিল যে, গৰু দুটা দৌৰি গৈ আগৰ সেই গাড়ী পিছ পেলাই গৈছিল।আতাকে গৰুৰ নেজত ধৰি কেনেকৈ মোচড় মাৰিছিল, খৰেখোৱাই খজুৱতি থকা ঠাইত সেইদৰে হাতেৰে
মোচড় মাৰি মুদ্ৰাটো কৰি দেখুৱালে। অর্থাৎ খৰেখোৱাই নিজৰ খৰ খজুৱালে।

খৰেখোৱাই বুদ্ধি কৰি খৰ খজুৱা দেখি ফেচকুৰিয়াই নিজৰ ফেচকুৰি মচাৰ কাৰণে বুদ্ধি পাঙি আন এটা গল্প আৰম্ভ কৰিলে- আমাৰ এজনী গাই আছিল। গাইজনী দেখিবলৈ খুবেই ধুনীয়া আছিল। গাখীৰো দিছিল চাৰি পাঁচ লিটাৰকৈ। কিন্তু গাইজনীৰ এটা ডাঙৰ দোষ আছিল। গাইজনীৰ শিংযোৰ ইমানেই ডাঙৰ আছিল যে, এনেকৈ বেঁকা হৈ আহি একেবাৰে দুচকুৰ গুৰি পাইছিল৷গাইজনীৰ শিং কেনেকৈ চকুৰ গুৰি পাইছিল ফেচকুৰিয়াই দুচকুৰ গুৰিলৈ দুহাত নি তেনেকৈ মুদ্ৰাটো কৰি দেখুৱালে। অর্থাৎ সি নিজৰ ফেচকুৰি মচিলে।

তপামূৰীয়াই কবলৈ কোনো গল্প নাপাই কলে- মই আপোনালোকৰ গল্প শুনি খুবেই ভাল পালো। কিন্তু মোৰ কব লগা তেনে কোনো ভাল গল্প নাই। এইদৰে কৈ তপামূৰীয়াই নাৱৰ পীৰিলৈ গৈ দুই চলু পানী মূৰত দি ক'লে- আপোনালোক দুজনৰ গল্পই মই মূৰত থলো।

অৰ্থাৎ তপামূৰীয়াই নিজৰ মূৰটো ঠাণ্ডা কৰিলে।

সিহঁতৰ কাণ্ড দেখি নাৱৰীয়াই ভেবা লাগি সিহঁতৰ ফালে চাই ৰ'ল।
                      ভজা পোৰা মুখৰ মজা
                   বুদ্ধিৰ ওপৰত নাই কোনো ৰজা।                                                   

                        আঙুৰৰ আঞ্জা

এদিন দুজন বন্ধু এখন চাহৰ দোকানৰ আগেদি গৈ আছিল। তেনেতে দোকানী লৰাজনে মাতিলে- আহক আহক, গৰম গৰম পুৰিৰ লগত আঙুৰৰ আঞ্জা আছে। খাই বৰ ভাল পাব। আহক-
          আঙুৰৰ আঞ্জাৰ কথা শুনি দুয়ো থমকি ৰৈ গ'ল।

এজন বন্ধুই কলে- আঙুৰৰ আঞ্জাৰ কথা আগতে কোনোদিন শুনা নাছিলো। আজিহে প্রথম শুনিলো। আঙুৰ এনেয়ে খাবলৈ সোৱাদ। আঞ্জা বা আকৌ কেনেকোৱা সোৱাদ হয়। ব, খাই চাওগৈ।
          আনজন বন্ধুই জিভা টকালি কলে- নিশ্চয় সোৱাদ হব। বল খাওঁগৈ। ঘৰলৈ গৈ আঙুৰৰ আঞ্জা খাইছো বুলি অন্ততঃ গল্প কৰিবপৰা যাব।

এইদেৰে আঙুৰৰ আঞ্জা খোৱাৰ সিদ্ধান্ত লৈ দুয়ো চাহ-দোকানৰ ভিতৰলৈ সোমাই আহিল।

দোকানী ল'ৰাজনে কলে- কি খাব?

পুৰি আৰু আঙুৰৰ আঞ্জা আনা।

ৰাজনে দুপ্লেট পুৰি আৰু দুবাটি আঞ্জা দি গ'ল। সিহঁতে দেখিলে লৰাজনে কোৱা ধৰণে আঙুৰৰ আঞ্জা নাই- ৰঙালাউৰহে আঞ্জা। এজনে আঞ্জা লিৰিকি-বিদাৰি ক'লে- ল'ৰাজনে আমাক আভুৱাভাঁৰিছে। তাক এশিকনি দিব লাগিব। এইদৰে কৈয়ে সি লৰাজনক মাতিলে- হেৰা ভাইটি, এইফালে আহাচোন।
          ৰাজন আহিল৷ সুধিলে- কি হ, মাতিছে কিয়?
          তুমি দেখোন আমাক আভুৱাভাঁৰিছা। এয়া দেখোন ৰঙালাউৰ আঞ্জা। তুমি কোৱা ধৰণে আঙুৰৰ আঞ্জা ক?
          ভালদৰে চাওঁক। আঙুৰৰ আঞ্জাই হয়। ইয়াত সমান জোখত ৰঙালাউ আৰু আঙুৰ আছে। অর্থাৎ এটা ৰঙালাউ আৰু এটা আঙুৰৰ সমানুপাতত আঞ্জা বনোৱা হৈছে।
          এইদৰে কৈ লৰাজন গুচি গ'ল। বন্ধু দুজনে ইজনে সিজনৰ মুখলৈ ভেবা লাগি চাই পুৰি খোৱাত মনোনিৱেশ কৰিলে।

                 চকচকীয়া হলেই সোণ নহয়।

                দোদৰ পচলা আৰু ভূত

এখন গাঁৱত এগৰাকী বৃদ্ধা আছিল। বৃদ্ধাৰ একেটাই মাথোন পুতেক। পুতেকজন দোদৰ-পচলা। লগতে এলেহুৱাওকাম-বন মুঠেই নকৰে। দিনৰ বাৰ বজালৈ শুই থাকে। বৃদ্ধাই বাৰে বাৰে কৈও লৰাজনৰ স্বভাৱ পৰিৱৰ্ত্তন কৰিব নোৱাৰিলে। সেয়ে এদিন তাই বাঢ়নিডাললৈ পুতেকক জগাবলৈ আহিল-ঐ নবাবৰ পুতেক! দিনৰ বাৰ বাজিল। এতিয়ালৈকে নাক ডকাই ফষ্টি মাৰি শুই আছহিগৰুকেইটাক কোনে দানা-পানী খোৱাব। মই বৃদ্ধা মাকজনী কাম কৰি মৰোঁ আৰু তই দোদৰ-পচলাটো দিনৰ বাৰ বজালৈ শুই থাক। মাকৰ যহত খাবলৈ লাজ নালাগেনে তোৰ? সোনকালে উঠ, নহলে বাঢ়নিৰে কোবাই আজি তোৰ পিঠিৰ ছাল চিগিম।'

মাকৰ হাক-ডাকত লৰাজন টোপনিৰপৰা সাৰ পাই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহি দেখে যে, মাকে সঁচাকৈয়ে বাঢ়নি এডাল লৈ দুৱাৰ মুখত থিয় দি আছে। বাঢ়নিৰ কোব খোৱাৰ ভয়ত সি
মাকক ঠেলা মাৰি পেলাই দি ভিৰাই লৰ মাৰিলে।

বৃদ্ধাও একাচেকা বিধৰ। তায়ো পুতেকৰ পিছে পিছে খেদি আহিলউপায় নাপাই পুতেকে ওচৰতে থকা এটা শাঁৱলা গছত উঠিল৷ বৃদ্ধাই শাঁৱলা গছত বাঢ়নিৰে কোবাই কোবাই কলে- নামি আহ বুলিছোঁআহ নামি। নহ'লে বাঢ়নিৰে কোবাই আজি তোৰ পিঠিৰ চাল চিগিম বাপেকে। আহ, সোনকালে নামি আহ গছৰপৰা। এইদৰে কৈ বৃদ্ধাই উধাই-মুধাই গছডালত কোবাবলৈ ধৰিলে।

গছডালত এজনী যখিনী বাস কৰিছিল। বুঢ়ীৰ উগ্ৰমূৰ্ত্তি দেখি বাঢ়নিৰ কোব খোৱাৰ ভয়ত যখিনীজনী গছৰপৰা নামি ভিৰাই লৰ মাৰিলে ৷

অনতিদূৰত ৰাজপ্রাসাদ আছিল। যখিনীজনী দৌৰি গৈ ৰাজপ্রাসাদ পালেহি।

সংযোগবশতঃ সেই ৰাজ্যৰ ৰাজকুমাৰীয়ে তেতিয়া দুমহলীয়াত বহি তিতাচুলি মেলি চুলিবোৰ শুকোৱাই আছিল। ৰাজপ্রাসাদৰ কাষেদি যাওঁতে যখিনীজনীয়ে ৰাজকুমাৰীক চুলি মেলি বহি থকা দেখিলে। যখিনীবোৰে খোলা চুলি দেখিলে বৰ ৰং পায়। সেয়ে ৰাজকুমাৰীক চুলি মেলি বহি থকা দেখি যখিনীজনী আনন্দত জঁপিয়াহ উঠিল। তাই একেলৰে গৈ ৰাজকুমাৰীৰ দেহত তাত আশ্রয় ললে।

সিদিনাৰপৰা ৰাজকুমাৰীয়ে সময়মতে নাখায়, নবয়। সদায় আমন-জিমনকৈ বহি থাকে। কাৰো লগত মাত-বোল নকৰে। কেতিয়াবা আকৌ খঙত টিঙিৰি-তুলা হৈ উঠে। মাজে-সময়ে জঁক উঠে। চুলি আউলি-বাউলি কৰি মাটিত লেপেটা কাঢ়ি বহি মূৰ জোকাৰি জোকাৰি মাটিত চপৰিয়াই চপৰিয়াই বলিয়ালি কৰে। ফলত ৰাজকুমাৰী দিনে দিনে শুকাই-খীণাই যাবলৈ ধৰিলে। ৰাজকুমাৰীৰ অৱস্থা দেখি ৰজা চিন্তিত হৈ পৰিল। হঠাৎ কি হল ৰাজকুমাৰীৰ? বেজ-কবিৰাজ মাতি আনি পৰামৰ্শ বিচাৰিলে। বেজে পৰীক্ষা-নিৰীক্ষা কৰি ক'লে- ৰাজকুঁৱৰীৰ গাত যখিনী লন্তিছেগতিকে যখিনী খেদিব লাগিব।

ৰজাই ক'লে- যি কৰিব লাগে সোনকালে কৰক। এইদৰে থাকিলে ৰাজকুমাৰী শুকাই-খীণাই কোনোবা দিনা মৰি থাকিব।

চিকিৎসা চলিল ৷ তেল পঢ়া, সৰিয়হ পোৰাকে আদি কৰি ওজা-কবিৰাজে নানা উপায়ে চিকিৎসা চলালে। কিন্তু যখিনীজনীও একাচেকা। নাযায়হে নাযায়। সৰিয়হ পোৰা দিলে কয়- মই সাধাৰণ যখিনী নহওঁ। সৰিয়হৰ ধোঁৱাই মোক একো কৰিব নোৱাৰে। মই বুঢ়ীৰ শাঁৱলা গছৰ
যখিনী। ৰাজকুমাৰীৰ দেহত মই খুব আৰাম পাইছোঁমই ৰাজকুমাৰীৰ দেহ এৰি থৈ নাযাও

ইফালে ৰাজকুমাৰী দিনে দিনে অধিক দুর্বল হৈ আহিবলৈ ধৰিলে। ফলত ৰজাৰ চকুৰ টোপনি হৰিল। এজনী মাথোন ছোৱালীমৰিলে ৰাজত্ব কোনে চম্ভালিব। সেয়ে তেওঁ ৰাজ্যময় ঘোষণা কৰি দিলে- যিজনে ৰাজকুমাৰীৰ দেহৰপৰা যখিনীটো খেদিব পাৰিব তাক অৰ্দ্ধৰাজ্য দান কৰা হ'ব আৰু লগতে ৰাজকুমাৰীকো তাৰ লগত বিয়া দিয়া হব। ঘোষণা শুনি ৰাজহাউলি লৈ ওজা-কবিৰাজৰ সোঁত ববলৈ ধৰিলে। কিন্তু কোনেও ৰাজকুমাৰীৰৰ দেহৰপৰা যখিনীজনী খেদিব নোৱাৰিলে।
    ৰজাৰ ঘোষণাৰ কথা কথা বৃদ্ধাৰ পুতেকৰ কাণতো পৰিল। যখিনীজনীয়ে নিজক সিহঁতৰ শাঁৱলাগছৰ যখিনী বুলি কৈ থকাৰ কথাও সি শুনিলে। গতিকে সি ভাবিলে, শাঁৱলা গছৰ যখিনীজনী হলে নিশ্চয় সিদিনা মাকৰ বাঢ়নিৰ কোবৰ ভয়ত পলাই গৈ ৰাজকুমাৰীৰ দেহত আশ্ৰয় লৈ আছেহি। গতিকে বাঢ়নিৰ কোবৰ ভয় দেখুৱালে নিশ্চয় তাই পলাই পত্ৰং মাৰিব। এইদৰে মনতে ভাবি সি ৰাজহাউলিলৈ যোৱাৰ সিদ্ধান্ত ল'লে।

সিদ্ধান্ত মৰ্মে সি এদিন ৰাজপ্রাসাদলৈ আহি কলে- মোৰ বিশ্বাস, মই নিশ্চয় যখিনীজনীক খেদিব পাৰিম। সুযোগ দিলে মই চেষ্টা কৰি চাব পাৰোঁ।

বৃদ্ধাৰ পুতেকৰ কথা শুনি আশাৰ ৰেঙনি দেখা পাই ৰজাই ক'লে- বাৰু, চেষ্টা কৰি চোৱা। যদি খেদিব পাৰা, ঘোষণা অনুসৰি তোমাৰ লগত ৰাজকুমাৰীক বিয়া দিম আৰু অৰ্দ্ধৰাজ্য দান কৰিম

ৰজাৰপৰা আশ্বাস পাই বৃদ্ধাৰ পুতেকে ৰাজকুমাৰীৰ ওচৰলৈ আহি ক'লে- মই শাঁৱলা গছৰ গৰাকী বৃদ্ধাৰ পুতেক। তই মোক নিশ্চয় চিনিব পাৰিছ। তই হেনো ৰাজকুমাৰীক খুব দিগদাৰি কৰি আছ? কথাটো শুনি মাৰ খুব খং উঠিছে। তাই বাঢ়নিডাল লৈ নিজেই আহিব খুজিছিল। কিন্তু শেষত কিবা ভাবি মোক পঠিয়াই দিছে। মোৰ কথাত যদি নাযাৱ মা বাঢ়নিডাললৈ আহিব বুলি কৈ পঠাইছে। এতিয়া কি কৰিবি, যাবি, নে মাৰ বাঢ়নিৰ কোব খাবি?

বৃদ্ধাৰ বাঢ়নিৰ কোবৰ ভয়তে তাই শাঁৱলা গছৰপৰা পলাই আহিছে। আকৌ যদি বৃদ্ধাই বাঢ়নিলৈ আহিব লাগে, তেনেহ'লে তাইৰ ফালে আধ্যা পৰিব দেখোন!

এইদৰে ভবাৰ লগে লগে যখিনীজনী ভয়ত কঁপি উঠিল। তাই ততালিকে ৰাজুমাৰীৰ দেহৰপৰা ওলাই ভিৰাই লৰ মাৰিলে।

ৰাজহাউলিৰ পিছফালে এটা খাল আছিলদৌৰি যোৱাৰ সময়ত যখিনীজনী গৈ খালত পৰিল।
ৰাজকুমাৰীৰ দেহৰপৰা যখিনীজনী গুচি যোৱাত ৰজাই ঘোষণা অনুসৰি বৃদ্ধাৰ পুতেকৰ লগত ৰাজকুমাৰীৰ বিয়া পাতি দি অৰ্দ্ধৰাজ্য দান কৰি ৰজা পাতিলে৷
                      বাঢ়নিৰ কোবৰ ভয়ত
                      যখিনী গৈ পৰিল খালত।।

               সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)