ৰেজাউদ্দিন স্টালিনৰ শ্ৰেষ্ঠ কবিতা

 

 


ৰেজাউদ্দিন স্টালিনৰ শ্ৰেষ্ঠ                                     

           কবিতা

      (ৰেজাউদ্দিন স্টালিন বাংলা একাডেমি পুৰস্কাৰপ্ৰাপ্ত)

                  অনুবাদ-আবুল হুছেইন

 

                     সূচিপত্র

সূচনাপর্ব/ দুৱাৰ/তিথোনাচৰ কান্দোন/দেৱাল আৰু দিগন্ত/প্ৰাণ অপ্ৰাণৰ সীমান্তত/ সম্পৰ্কৰ নদীজলত/বিৰুদ্ধ যাত্রা/স্বপ্নময় সুন্দৰৰ ফালে/ফাঁচিৰ মঞ্চৰ পৰা/ নাৱিক/সোণামুখী ধানশীহ-পূর্ণপ্রাণ পাম/ বিচ্ছিন্ন হোৱাৰ আগত/দেৱাল আৰু শূন্যতা/মাতিচৰ হাঁহ/ৰজাৰ তৰ্জনী/ কলাঘোঁৰা/চিৰঞ্জীৱ চিঠি/ সমকালত কালবেলা/ বিনয়ৰ চকা নুভোতে/আয়নাৰ কি দৰ্কাৰ/ কোন সেইজন মানুহ/ ওভতা নাই অবাধ্য ম‍ই/কুঠাৰ/ঘৰলেওভতাৰ সময় হল/সেয়া মোৰ ৰাতি/হে' বীজ হে' মাটি/ হাৰকিউলিচ/উত্তৰসূৰী/ৰৌৰৱৰ পৰা/পুৰুষোত্তম/সন্ধিক্ষণ/নতুন শব্দৰ কবিতা/কবিৰ ক্ষমতা/ /মাৰ্ক চাগাল আৰু মোৰ গাঁও/নিজৰ বাবে নহয়/ময়ে একমাত্র/দান্তেৰ নৰক আৰু ঘৰৰ মালিক/ঘৰ/ দেৱাল/ মানুহৰ অপেক্ষাত আছে/ নির্দেশ/কবিৰ শক্তি আছে/ঘৃণাহীন ঘৰলে' উভতিছোঁ/ঝঞ্জা আৰু ধুমুহাত মই আছোঁ তোমাৰ নৌকাত/খোলৰ বোলৰ অনুপাত টটেম/অনাদৃত কবিতাৰ বাবে /স্তোত্র/স্তব্ধতাৰ শত বছৰ পূৰ্তিত/অৰণ্য ঘৰৰ স্বপ্ন/ এলিজি/ স্বপ্ন-নভোতী/ 'ৰা আৰু চৰাইৰ গল্প/ এক জনমত অত পাপ/ তেজ পদচিহ্ন/ প্রতিপৃথিবীৰ কবিতা/ প্রহেলিকাৰ-গল্প/চহৰৰ শৰৎ দেৱদূত/ নিজৰ বাবে নহয়/ মোক যিজনে আহিবলৈ দিলে/ সপোনৰ উপত্যকা/

                                             

                               সূচনাপর্ব

মোৰ সময় গো-খুৰাৰ দৰে বিভাজিত

মুহূৰ্তবোৰ ক'লা কৃষকৰ ভৰিৰ দৰে ফটা

মোৰ জন্মই কোনো সময়ক ইংগিত নকৰে

এনেকি ঘটনাবোৰ মুহূৰ্তৰ শৃংখলমুক্ত

 

যেতিয়া পৃথিবীত একো ঘটা নাই

তেতিয়া সময় জানো জিঞ্জাসা চিহ্নৰ দৰে স্থিৰ

মই জানো মাথোঁ মৃত্যুৰ ভয়ত সময়ক চিনাক্ত কৰিব খুজে

 

এজন জীৱাশ্মবিদৰ ওচৰত এহেজাৰ বছৰ একোৱে নহয়

জ্যোতিৰ্বিদৰ ওচৰত এটা শতাব্দীও তুচ্ছ

দার্শনিকৰ ওচৰত অর্বুদবর্ষ নিমিষকাল মাত্র

 

কিন্তু মোৰ সময় মোক স্পৰ্শ কৰিছে পিপাসাৰ দৰে

মই কোনো ঘটনাৰ আগতেই চিনাক্ত কৰিছোঁ মুহূর্ত

আৰু যাত্ৰাৰ আগতেই নিৰ্দ্ধাৰণ কৰিছোঁ প্ৰাৰম্ভ

 

এটি অভূমিষ্ঠ ভ্ৰণৰ বাবে

পৃথিবীত কোনো সময় সূচিত নহয় জন্ম চিৎকাৰহীন

পূর্ব ঘটনাপিষ্ট

ভ্ৰণটো মাথোন ঘটনাৰহিত

 

মোৰ সময় গো-খুৰাৰ দৰে বিভাজিত

মুহূৰ্তবোৰ কলা কৃষকৰ ভৰিৰ দৰে ফটা

মোৰ জন্মৰ আগত পৃথিবীত কোনো লগ্ন নাছিল

মোৰ চিঞৰে পৃথিবীৰ প্ৰথম সূচনা

 

দুৱাৰ

আমি এতিয়া বাহিৰলৈ যাব লাগিব

ঘৰটো ভীষণ শীতল আৰু অন্ধকাৰ

কয়েদীৰ চেলৰ দৰে সংকীৰ্ণ দুৱাৰ

 

প্ৰিয় স্বজনৰ কণ্ঠস্বৰ আমি শুনিবলৈ পাইছোঁ

অনুভৱত সিহঁতৰ অস্তিত্ব উমান পাইছোঁ, স্পৰ্শত অৱয়ৱ

কিন্তু দেখিবলৈ পোৱা নাই কাকো

 

এই কথা বিশ্বাস নকৰোঁ যে

সকলো অন্ধকাৰত মানুহক দেখা নাযায়

বৰং কোনো কোনো অন্ধকাৰত

মানুহৰ মুখ খুব প্রোজ্বল হৈ উঠে, বেছি পৰিচিত

 

দেখিবলৈ নোপোৱাৰ অন্তৰায় আন্ধাৰ নহয়

বাহিৰলৈ নোযোৱাৰ কাৰণ নহয় সংকীৰ্ণ দুৱাৰ

বৰং আমাৰ চেতনাত অনুপস্থিত প্রত্যেকৰ মুখ

আৰু অস্বীকাৰ নকৰোঁ যে দু

ৱাৰটো সঁচাকৈয়ে অনুপযোগী

তথাপি আমাৰ এতিয়া বাহিৰলৈ যাব লাগিব

দুৱাৰখন ভাঙি হওঁক অথবা ঘৰটো

 

 তিথোনাচৰ কান্দোন

আজি নিশা মোৰ আইতাই পানী স্পৰ্শ কৰা নাই

মা'ৰ লগত মাজে সময়ে অৰিয়াঅৰি হলে

তেওঁ মাটিত ঢালি ভাত খায়

 

বয়সভাৰাক্ৰান্ত মানুহ নেকি পুনৰ দোঁখাই পৰে শৈশৱৰ ওচৰত

যুক্তিহীন জেদী স্বভাৱৰ সিহঁতে সকলোবোৰ অবিশ্বাস কৰে

স্বেচ্ছানির্বাসিত আইতাৰ কাৰণে মোৰ কৰুণা ওপজে

ওপজাটোৱে স্বাভাৱিক, মোৰতো তেনেকুৱা বয়স হোৱা নাই

ক্ষুধার্ত আইতা গভীৰ নিশালৈকে কান্দে ফোঁপাই ফোঁপাই

তাইৰ কান্দোনৰ শব্দত কেতিয়াবা মোৰ টোপনি ভাঙি গলে

মইও কান্দি থাকো ভিতৰি ভিতৰি তিথোনাচ

আইতাৰ কন্দোন জানো ঘৰৰ আটায়ে শুনিছে

প্রতিবেশীৰ কোনোবা কোনোবা

কিন্তু মোৰ কান্দোন আজিলৈকে কোনেও শুনা নাই

এনেকি ময়ো নহয়

 

দেৱাল আৰু দিগন্ত

দেৱালৰ গল্প মই বহু শুনিছোঁ

এইবাৰ দিগন্তৰ গল্প কিছু কওঁ

স্পর্শগ্ৰাহ্য এই দেৱালৰ প্ৰতি মানুহৰ

জন্মগত আকর্ষণ থকা সত্ত্বেও

মই দিগন্তৰ ফালে হাত বঢ়াইছোঁ

মই জানো অতি গোপনে মোৰ বন্ধুসকলে

ওৰেটো নিশা দেৱাল তুলিছে

 

পিছে দখল হেৰাই যোৱাৰ ভয়ত

চকুৰ সমুদ্ৰৰ পৰা সপোনক নির্বাসন দিছে

ওৰেটো নিশা জাগি দেৱাল তুলিছে সিহঁতে

নিজৰ মূৰ্তকৈও ওখ আৰু দেৱালৰ দেহত

সানি দিছে ৰং কালি আৰু তেজৰ চিহ্ন

 

মই টোপনিৰ মাজত দেৱাল তোলাৰ শব্দত

শংকিত ভীত

এই শব্দৰ লগত কবৰ খন্দাৰ দূৰাগত সাদৃশ্য আছে

মই দুহাতেৰে কাণ চেপি দিগন্তৰ ফালে দৌৰি যাওঁ

হায়, দিগন্ত যে কত দূৰত

নক্ষত্ৰৰ দৰে বিশাল দূৰত্বত থিয় হৈ

মোক মাতিছে

দেৱালৰ কৱলৰ পৰা উজ্বল উদ্ধাৰ পাবি

আহা-- মোৰ বিস্তৃতিৰ মাজত

অসীম অদৃশ্যময়তাত

 

প্ৰাণ অপ্ৰাণৰ সীমান্তত

আমি দুই বন্ধু খোজকাঢ়ি আছিলোঁ

নিশাৰ হৃদয় ভাঙি আমাৰ গল্পৰ ঢউ

বৈ গৈছিল বাটৰ নদীৰ ওপৰত

দুকাষৰ ঘৰবোৰৰ পৰা আলোকৰ উল্লাস

বিচ্ছুৰিত হৈ পৰিছিল ৰাস্তাৰ সৈকত

ত চমৎকাৰ জোনাকৰ মাজত আমাৰ বিতৰ্কৰ বিদ্যুৎ

দৌৰাদৌৰি কৰিছিল বতাহৰ বেলাভূমিত

প্ৰাণ আৰু অপ্ৰাণৰ সজ্ঞাত কণ্ঠ তিয়াই

আমি কলো- প্ৰাণৰ অস্তিত্ব দীর্ঘসূত্রী

জ্যামিতিক জিজ্ঞাসাৰ দৰে

বিন্দুক কেন্দ্ৰ কৰি বৃত্তৰ বিকাশ যেনেকুৱা

আৰু অপ্ৰাণ বৰ্ণনাৰ অতীত

প্ৰাণৰ মাজত তীব্ৰ নীৰৱতা

এনেকুৱা কাব্যিক বিশ্লেষণ আমাৰ মনঃপূত নহ'ল বাবে

আমি প্রসঙ্গ সলাই পেলালোঁ

লো আজিৰ নিশাটো সুন্দৰ

ভালপোৱাৰ বাবে এনেকুৱা এটি নিশা সঁচাকৈয়ে চমৎকাৰ

জ্যোৎস্নাতাড়িত হৈ তৃষ্ণাক এদিন চুমা খাইছিলোঁ

তাৰ বেছ কিছু ৰেশ বৈ গৈছে আমাৰ দুচকু ওঁঠ আৰু মনৰ মাজত

বন্ধুই কলে- কিন্তু সন্ধ্যাক চুমা খাবলৈ গৈ

ভীৰু পখীৰ দৰে মোৰ বুকু কঁপি উঠিছিল

মোৰ সাহস কণ্ঠৰ ভিতৰত আটকি গৈ

বিষণ্ণ বাংলোৰ দৰে ওলমি আছিল জোনৰ আঁকুহীত

 

হাঁহি পেলালোঁ, অবিবাহিত যুৱক হিচাপে আমাৰ জৈৱিক জীৱনৰ

স্বাদ ভৱিষ্যতৰ ড্ৰয়াৰত সংৰক্ষিত

বন্ধুজনে প্রশ্ন কৰিলে- কিন্তু তেনেকুৱা নিশ্চয়তা ক

আমাৰ স্বপ্নৰ স্ৰোত

অৰ্থৰ আহ্নিক দ্রাঘিমাত স্থিৰ হৈ আছে

6আমাৰ চাহিদা চাতক পখীৰ দৰে অন্ধ আৰু তৃষ্ণাতাড়িত

তৃতীয় বিশ্বৰ মানুহ হিচাপে এইখিনি বন্ধ্যা অহংকাৰ লৈ

পানীহীন হাৱাহীন খাদ্যহীন উদ্দেশ্যবিহীন আমি খোজকাঢ়ি গৈছোঁ

মুহূৰ্তত সম্বিত ওভতাই পালোঁ

সঁচাকৈয়ে আমি বহু দূৰত এক অচিন পাৰাত পতিত হৈছোঁ

আৰু নিশা গভীৰ হৈছে

এতিয়াও দুই এখন ঘৰৰ ব্ৰীড়ানত আলোক

সিহঁতৰ ময়ূৰপুচ্ছ খিড়কিৰ ফাঁকেৰে সোমাই দিছে

মই ক'লো তথাপি বিতৰ্কৰ সিদ্ধান্তত আমি কোৱা প্ৰয়োজন

ইয়াৰ বাবে দায়ী সন্দিগ্ধ সমাজ

এই কথা কোৱাৰ প্ৰয়োজন নহয়, বন্ধুই কলে

চোৱা আমি সাম্ৰাজ্যবাদৰ ব্রোথেলত আমন্ত্ৰিত হৈছোঁ প্ৰতিদিন

জাতিসংঘৰ ওঁঠত মানৱতাৰ তিলৰ প্ৰশংসা কৰিছোঁ

আমাৰ সচেতন সময়ৰ মাজত এই মানৱিক অপৰাধ

ডাঙৰ হৈছে দীৰ্ঘ হৈছে দীৰ্ঘতৰ

 

আমাৰ বাট বলা বাটৰ মাজত ঘৰবোৰ গছবোৰ

বৰ অকলশৰীয়া বৰ বিষণ্ণ হৈ আহিছে

এটি হন্তা-হতাশা তাৰ উদ্যত ফণা

মেলি ধৰিছে আমাৰ হৃদয়ৰ ফালে

মই ক'লো জানানে, গল্পৰ চলত আমি সোমাই পৰিছোঁ

জীৱন যাপনৰ বাবে অপৰিহাৰ্য

এটি ৰাজনৈতিক বলয়ৰ ভিতৰত

এই মুহূর্তে সেইসকল মানুহৰ লগত

আমাৰ জিজ্ঞাসা কেনেকৈ মিলি গৈছে চোৱা

ইমু পখীৰ সংগীত শুনাৰ বাবে যিসকল উদয় পর্যন্ত অপেক্ষমান

যিসকলে দিন আৰু নিশাৰ গৰ্ভত ঘনভাৰ স্বপ্নৰ চহাবাদ কৰে

'ত কৃষ্ণবর্ণ সুন্দৰীহঁতে সিহঁতৰ সন্তানক

সমুদ্ৰৰ পাশৱ গল্প শুনায়

'ত সোণৰ হৰিণ দৌৰে লোহিতাভ মাটিৰ প্ৰদেশত

সেই দেশ আৰু সেইসকল মানুহৰ লগত

আমাৰ অন্তৰৰ কিধৰণৰ যোগসূত্ৰ চোৱা

 

মই আনন্দত প্ৰায় চিঞৰি উঠিলোঁ

আমি এতিয়াই প্ৰাণৰ সংজ্ঞাৰ সাক্ষাৎ পাম

কিন্তু বন্ধুজনৰ কিয় জানো ভয় হ

সি ক'লে- জানা অতিৰিক্ত সুখ কিংবা দুখৰ সময়ত

মই বোবা হৈ যাওঁ

আৰু এই সময়ত কোনেও সিদ্ধান্তৰ অপেক্ষা নকৰে

সেই মুহূর্তে মোৰ বোধ হ

আমি উভতিব লাগিব

 

সম্পৰ্কৰ নদীজলত

আমি উভতিব লাগিব আমাৰ সম্পৰ্কৰ নদী

কোনো সেতুৰ বশ্যতা স্বীকাৰ নকৰে

স্বাধীন স্বাচ্ছন্দ্য তাক আগুৰি থাকে

মেঘৰ মিথুন ইপাৰ সিপাৰ

উচ্ছাসত জলোচ্ছ্বাসত আমাৰ নদীখন নিয়ত

জন্ম আৰু মৃত্যুৰ কাষত উপগত হয়

আনন্দত আবেগত কান্দে

দুখতো কান্দে

এনেকুৱা কান্দোন যেন ঈশ্বৰ নুশুনে

একমাত্ৰ ঈশ্বৰে পাৰে আমাৰ সম্পৰ্কৰ নদীৰ ওপৰত

ভয়াৱহ সেতু গঢ়ি দিব

যাক কেন্দ্ৰ কৰি মাৰাত্মক আনৱিক সূত্র

ধ্বংস আৰু বিনাশ পাৰ হ'

আমি দুয়ো ঈশ্বৰৰ দৃষ্টি এৰাই সূর্যোদয়ৰ আগত

সম্পৰ্কৰ নদীজলত ডুব দি থাকোঁ

আমাৰ আধুনিক প্ৰতিৰোধ দেখি

শিক্ষিত ডুবুৰীও ঈৰ্ষা কৰি দূৰলৈ আঁতৰি যায়

আমি পানীত বাস কৰি সোণালী মাছৰ লগত সম্পৰ্ক গঢ়িছোঁ

আৰু হাঙৰৰ লগত তীব্ৰ বিৰোধিতা কৰি জীয়াই আছোঁ

 

দূৰৱৰ্ত্তী দুই তীৰত জন্ম আৰু মৃত্যুৰ ৰহস্যজনক চকু

সেতুৰ বিৰুদ্ধে পহৰাত থাকে

মাজত আমাৰ অনন্ত সম্পৰ্কৰ নদী বৈ যায়

 

  বিৰুদ্ধ যাত্ৰা

যাব লাগিব বহুদূৰ অজানা আতংকত কঁপে বুকু

পাথৰ-প্ৰতিম অকলে বতাহৰ বিৰুদ্ধে থিয় হই

তীৰৰ সন্ধান কৰোঁ, প্ৰতিকূল সময়ৰ মুখ

অতি দ্ৰুত বাঢ়ি উঠে অৰণ্য চেৰাই।

 

নিঃসংগ নাৱিক মই সমুদ্ৰৰ কৃষ্ণ কৰতলত

লৱণ আৰু ফেনাৰ চিহ্ন খুজোঁ উষ্ণ উপকূল

অন্ধকাৰ পাৰ হৈ অভ্রভেদী তৃষ্ণাৰ অতলত

পূর্ণ হউক সূর্যোদয়, কামনাত ৰাখিছোঁ ব্যাকুল।

 

সুদীৰ্ঘ বাটৰ কষ্ট, খাদ্যহীন ক্ষয়িষ্ণু শৰীৰ

তাৰ পাছত হাঙৰৰ ক্লান্তিহীন হিংস্ৰ আচৰণ

এইবোৰ উপেক্ষা কৰি ৰাখিব লাগে নিজক সুস্থিৰ

8সংগোপনে ছদ্মবেশে যেন আৰু নাহে মৰণ ৷

 

অনেক আশ্চর্য নিশা পাৰ হৈ গ'ল অৱশেষত তীৰ,

ফেনাৰ সৌৰভ আৰু লৱণৰ বুদ্বুদ অধীৰ।

 

স্বপ্নময় সুন্দৰৰ ফালে

ধানশীহ হাঁহি লৈ ঘৰলৈ উভতিছে দুজনী ৰমণী

সিহঁতৰ লগত গৈছে যৌথ খামাৰৰ পৰা প্ৰবাহিত সেৱা

কমলাৰ লাৱণ্য, বাদাম আৰু পৰিপুষ্ট গম

 

নৱনিৰ্মিত সেতু পাৰ হ'বলৈ গৈ মনত পৰি যায়

এদিন ইয়াত সাকোও নাছিল, নৌকাৰ দাঁৰ

এদিন ইয়াত নাৰীৰ সভ্ৰম সৰি পৰিছিল পাতৰ মৰ্মৰ

 শ্বেত শুভ্র সন্তানহঁত পৰি আছিল ৰক্তাক্ত নিহত

 

অনাবৃত অতীতৰ স্মৃতিৰ পত্ৰাৱলী কঁপে দুখৰ হাৱাত

চকুৰ কোটৰত বহি গীত গায় ক্ষুধিত গৰখীয়া

আৰু মনত পৰে হাতৰ কাঁহীত নাচিছিল তীব্ৰ অনাহাৰ

স্বামী আছিল ভূমিহীন সৰল কৃষক

 

চকু-পানীৰ প্ৰদীপ জ্বলাই তেজৰ তেলত

সিহঁতে ওৰেনিশা চহ কৰিছিল দুঃস্বপ্ন নীল

উদিত সন্তানহঁতে ক'লা ধোঁৱাৰ ৰাজ্যত নিৰ্বাসনত গৈছিল

 

এটা সময়ত চাইকেলৰ ঘণ্টাধ্বনি শুনি সিহঁতে সম্বিত পায়

সিহঁতৰ স্বামীহঁত আহিছে উৎফুল্ল হৰিণা

সিহঁতে খোপাৰ গোলাপ খুলি স্বামীহঁতক শুভেচ্ছা জনায়

তাৰ পাছত নতুন টেক্টৰ লৈ স্বামীহঁতৰ লগত কথাবার্তা পাতে

বিদ্যুৎ প্রকল্প চালু হবলৈ কি কি বিঘ্ন আছে

ৰাসায়নিক সাৰৰ ব্যৱহাৰ বিষয়ে শিক্ষা প্রতিষ্ঠানবোৰৰ

ভূমিকা কেনেকুৱা, আগামী অনুষ্ঠানত সুকান্তৰ ছাড়পত্র

কেনেকৈ আবৃতি কৰিলে শ্ৰোতাসকল উদ্বেলিত হ

সেই বিষয়ো মুখ্য হৈ উঠে

স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অমৃতৰ সন্তানহঁতে

সেতুখনৰ কোনফালে দাহ কৰিব শত্ৰুৰ কুশপুত্তলিকা

সেই ঠাইত উজ্জ্বল চিহ্ন আঁকি দি

সন্মিলিত সিহঁতে খোজ লয় স্বপ্নময় সুন্দৰৰ ফালে

 

           ফাঁচিৰ মঞ্চৰ পৰা

কিয় নাজানো আজি বহুদিন পাছত কাৰাকক্ষৰ নিৰ্জন অন্তৰালত বহি

মা'ৰ কথা খুউব মনত পৰিছে

মা'ই কৈছিল- জানানে কবিতা লেখি ভাত নহয়

মই লজ্জাত অৱনত হৈ আছিলোঁ

 

কিন্তু আজি মোৰ সময় হৈছে

মই সাহসী সন্তানৰ দৰে প্ৰশ্ন কৰিব পাৰোঁ

মা' যিসকলে কবিতা নেলেখে

সিহঁতৰ জানো ভাত হয়

 

মোৰ মা এতিয়া মৃত্যুৰ দিন গণিছে

আৰু পূৰ্বপুৰুষসকল শুই আছে কবৰত

নাজানো ভোক সিহঁতৰ মৃত্যুৰ কাৰণ নেকি

আৰু প্ৰভুহঁতৰ বিজ্ঞান তো ভোকত মানুহৰ মৃত্যুৰ কথা স্বীকাৰ নকৰে

নিশাৰ তৃতীয় প্ৰহৰত মোৰ ফাঁচি

শেষ সংবাদ জনাৰ কাৰণে লগৰীয়া সকলৰ চকু-মুখত

বৃষ্টিগর্ভ বায়ুৰ উদ্বেগ, মোৰ মৃত্যু সিহঁতৰ চকুৰ

আকাশত হয়তো বহুৱাই দিছে অসংখ্য বেদনাৰ শিশিৰ

যি ভালপোৱাৰ ৰ'দত মুক্তাৰ দৰে জিল্‌মিল্‌ কৰি উঠিব

মই লগৰীয়াহঁতৰ ওচৰত ঋণী আৰু কৃতজ্ঞমোৰ যি কিছু কবিতা

সকলো সিহঁতৰ জীৱনৰ সাৰাংশমই মাথোঁ সজাইছোঁ

সত্যৰ অক্ষয় কালিত-- সিহঁতৰ ভালপোৱাৰ কথা ম‍ই

 মৃত্যুৰ সামান্য বেদনাত বিস্মৃত হোৱা নাই, ওৰেটো জীৱনব্যাপী

যি ভালপোৱা কোনেও আৱিষ্কাৰ কৰিব নোৱাৰে- আজি

মৃত্যুৰ শিতানত থিয় হৈ সেয়া মই অনুভৱ কৰিছোঁ

 

এতিয়া মই আগুৱাই গৈছোঁ বধ্যভূমিৰ ফালে

মোৰ ফাঁচি হ'বলৈ মাথোঁ এক মিনিট বাকী

ইয়াৰ মাজতে মই পতনপ্ৰৱণ এক জাতিৰ কাৰণে

অগ্নিগর্ভ মৃত্যুৰ উদাহৰণৰ বাহিৰে আৰু কি ৰাখি যাম

 

  নাৱিক

মৰণৰ মুখৰপৰা ফিৰি আহিল সাহসী ল'ৰাহত,

কপালত আছে অঁকা সামুদ্রিক জিনুকৰ দাগ;

সোণালী মাছৰ লোভত দৌৰি অহা সুদক্ষ জালোৱাহঁত

যিদৰে পানীৰ বুকুত আঁকি দিয়ে আশাৰ পৰাগ

 

ইমানদিন অৰণ্যৰ অন্ধকাৰত সিহঁতৰ হৃদয়

পিয়াহত প্রতিজ্ঞাত নীলা আছিল দিগন্তৰ দৰে;

এতিয়া হৃদয়ৰ কাষত বন্দৰৰ ব্যাপক বিস্ময়

বিগত বেদনা ভাঙে ক্রমাগত উল্লাসৰ স্রোতে ।

 

আয়োজনত তৃপ্তিহীন তুলি আনে নক্ষত্র মাহঁতে

আঙুৰৰ স্বাস্থ্য আনে বহুদূৰ বনাঞ্চল চলাথি

ভনীহঁতে সগর্বে কয়- মৃত্যুহীন আমাৰ ভাইহঁত,

 সিহঁতৰ পবিত্ৰ নামত ওৰে নিশা স্বপ্ন যাম আঁকি।

 

আঘাত অগ্ৰাহ্য কৰি দুঃসাহসী নাৱিকৰ দল

উভতিছে পতাকা লৈ- গৰ্ভৱতী মেঘৰ অমল।

 

সোণামুখী ধানশীহ-পূৰ্ণপ্ৰাণ পাম

ওৰেটো নিশা বৃক্ষ হননৰ শব্দ

বনস্থলী ভূমিশয্যা লয়

মোৰ সুপ্রিয় সেই পবিত্ৰ গছবোৰে

যিবোৰক ম‍ই ভাল পাই স্পৰ্শ কৰিছোঁ বহুবাৰ

সিহঁতৰ আৰ্তনাদ শুনি

ওৰেটো নিশা মই কান্দিব লগা হ'লো বধ্যভূমিত

এতিয়া পৃথিবীৰ গভীৰৰ পৰা

প্রতিদিন এই দৃশ্য উঠি আহে স্বপ্নৰ মাজত

কুঠাৰৰ কঠিন হৃদয় সেই নগ্ন হন্তাৰক

মোৰ সমগ্ৰ শৰীৰ ওৰেনিশা

নিমখৰ আৰকত ডুবি থাকে

কপালৰ দুকাষ বই যন্ত্ৰণাৰ স্রোত নামে ঘাৰৰ নদীত

প্রতিদিন স্বপ্নত ওৰেনিশা এইদৰে অবিৰাম অশ্ৰু নিঃসৰণ

মই ভৰি ভাঙি বহি

দুহাতত মুখ ঢাকি কান্দো

মই জানো এদিন বৃক্ষৰ বাবে সকলোকে কান্দিব লাগিব

মোৰ চৌপাশে বিষণ্ণ ধ্বংসস্তূপ ৰূপালী মাছৰ সমাধি

নিহত বৃক্ষৰ শৱ

 

বুজিব পাৰোঁ জীৱনৰ সমস্ত তৃষ্ণা একাগ্র হলে

বুকুৰ মাটিত অংকুৰোদমৰ ব্যথা জন্ম লয়

তাৰপাছত এদিন বৃষ্টি ধাৰাত স্নাত বধ্যভূমিত

বৃক্ষৰ দিন আহে, ব্ৰহ্মপুত্র

পত্ৰাৱলীৰ নৌকা ভাহে সেউজ বতাহত

মই সৱ কান্দোন সৱ মৃত্যু মচি পেলাই

সেই বৃক্ষময় দিনৰ কাষলৈ যাম

ফচলিম ফুল আৰু গন্ধময় আশ্চৰ্যৰ কাষে

তাৰ ধানশীহ ডাল লতা দোঁ খাই থাকে সম্পদৰ ভাৰে

মই এক ধানশীহ পূর্ণপ্রাণ পাম

 

বিচ্ছিন্ন হোৱাৰ আগত

এস্ট্রাগন তুমি আৰু আর্তচিৎকাৰ নকৰিবা

গডো নিশ্চয় কালি আহিব

গৰখীয়া ল'ৰাৰ কথা তুমি অৱশ্যে শুনিছা

বৰং চোবাই লোৱা শেষ সম্বল তোমাৰ গাজৰ

পৃথিবীত যেতিয়া মন্বন্তৰ তেতিয়া ভাবা

কিমান সৌভাগ্যবান তুমি

অন্ততঃ নিজৰ প্ৰিয় খাদ্যবস্তু কৰতলগত

 

বাৰু এস্ট্রাগন

আমি যাৰ প্ৰতীক্ষাত

কোন সেই গডো

আগত তাক দেখিছা কেতিয়াবা

আমি জানো তাৰ ওচৰত

কৰ্মৰ প্ৰত্যাশা কৰোঁ অথবা অৰ্থৰ

তেনেহ'লে আমি কিয় প্রত্যাশা কৰিছোঁ প্ৰতিদিন

নিষ্ঠুৰ প্ৰভু পেজোৰ নিষ্ঠুৰতাতকৈও কষ্টকৰ

আৰু অদ্ভুত তোমাৰ জোতা খোলাতকৈ দুঃসাধ্য

 

লা তাতকৈ সৌ গছজোপাত আত্মহত্যা কৰোঁ

কিন্তু এই গছজোপা কালিও নিষ্পত্র, মুমূর্ষু আছিল

চোৱা আজি সেউজ পাতত দুলি উঠিছে

সম্ভাৱনাক কেনেকৈ অস্বীকাৰ কৰোঁ

 

এস্ট্রাগন তুমি আৰু আর্তচিৎকাৰ নকৰিবা

আজিও গৰখীয়া ল'ৰাৰ কথা তুমি নিশ্চয় শুনিছা

কাইলৈ গডো আহিব

চোৱা আমাৰ অন্তহীন অপেক্ষাৰ মাজত

 

দেৱাল আৰু শূন্যতা

এইবোৰ দিৱা-নিশা মোক ঘেৰিয়ে

মই থাকোঁ সর্বদাই দেৱালৰ অত্যন্ত কাষত

ফাটৰ চিহ্ন দেখোঁ ভাঙোনৰ স্মৃতিচিহ্ন ক্ষয়

মোৰ চকুৰ তলত শতাব্দীৰ ক্ৰমোন্নত ভাঁজ

ঘোঁৰাৰ খুৰাৰ ছাপ জলদস্যুৰ তৰোৱাল

সম্ৰাটৰ ছায়া আৰু ক'লা ক্রীতদাসৰ লাওখোলা

 

মোক শাসন কৰে এক ৰাজদ্রোহী স্বপ্নৰ মাজত

কয়- কাপুৰুষ কবি দেৱাল হৈছে প্ৰিয় তোৰ

মোৰ লাওখোলা আছিল ঢেৰ ভাল শিলতকৈ

স্তব্ধবাক দেৱালৰ ওচৰত তই উত্তৰ নাপাবি

অনভিজ্ঞ কিমানখিনি বয়স হৈছে

মইতো দেখিছোঁ নগ্ন ক্রোমেনিও মানুহৰ মমি

ফাৰাও ৰজাৰ চকু-পেপিৰাচত তোতনৰ বাণী

এনেকি কাণপাতি শব্দ শুনিছোঁ মুছাৰ

যীশুৰ ক্ৰুছকাঠ নিজ হাতে বহন কৰিছোঁ

 

ৰাজদ্রোহী যুৱকৰ তীক্ষ্ণস্বৰ ভাঙি গ

এতিয়াও মূৰটো আছে দেৱালৰ ফাটৰ কাষত

ওপৰত আকাশ মাথোঁ ম্লান কৰি দিছে পৃথিবী

তলত মই শূন্যতাৰ ভয়ত দেৱাল সাৱটি ধৰি

হু হু কৰি কান্ধি উঠি উদ্বিগ্ন মেকবেথৰ দৰে

 

মাতিচৰ হাঁহ

মানৱিক মুহূৰ্তৰ্ক কিদৰে সজাবা প্ৰিয়তমা,

 যেতিয়া আকাশত ঘন আণৱিক মেঘৰ মৌচুম

নগৰ নৰকত পোৰে মাতিচৰ হাঁহৰ উপমা

গোয়েৰনিকৰ ঘোঁৰা খুঁটি খায় কালৰ কুসুম ।

 

আদিম পশুবোৰে আজিও হানা দিয়ে তোমাৰ মহলে

তুমি জানো থিয় হবা আজি জীৱনৰ জটিল বলয়ত

ৰেতি ছেনিৰ আঘাতত জাগিব নে পুনৰ কোলাহল

জুই অগ্ৰাহ্য কৰি উঠিব নে থিয় হিমালয়ত?

 

মইতো শপত ভিজা এছিয়াৰ অবাতি কাঠ

উভতিবৰ পথ নাই কঠিন দেৱাল জাগি আছে।

পিছত ওৱেস্ট লেণ্ডনিৰন্তৰ কৰে কেৱে পাঠ,

অমল আত্মাৰ পিছত পৰান্মুখ পিশাচবোৰে নাচে

 

তুমি জানো মোৰ লগত জীৱন মন্ত্ৰ ল'ব খোজা-

তেনেহ'লে এতিয়া আহা হৃদয়ৰ মশালত ফুঁ দিয়া।

 

 ৰজাৰ তৰ্জনী

এতিয়া নহ'ব বুলি পেলাই দিওঁ নৌকা আৰু হাতী

ৰজা আৰু মন্ত্ৰী মাথোঁ বহি থাকে বিষণ্ণ তোৰণত

ঘোঁৰা আৰু সৈনিকবোৰে প্ৰত্যন্ত পিছফালে আঁতৰি যায়

'ত যুদ্ধ নাই সংঘাতৰ ক্ৰুৰ কোনো ছায়া

প্ৰতিৰোধহীন ক্ষোভত নষ্ট হয় সংঘাতৰ সৱ আয়োজন

এইবাৰ তেজশূন্য নিৰ্জনতাই মোক পুৰাব

 

নদীত নিশ্চল নৌকা

হাতী আৰু ঘোঁৰাৰ পিঠিত মাখি উৰে ডাঁহ নাইবা শালিকা

ৰজা আৰু মন্ত্ৰীৰ বাবে অপেক্ষমান সৈনিকবোৰ

ভৰিৰ বেদনা জাৰে অবিকল ঘোঁৰাৰ নিয়মে

 

এতিয়া নহ'ব বুলি পেলাই দিওঁ স্বপ্নৰ সৱ আয়োজন

বন্ধ হউক খেলা যত হোলী আৰু তেজৰ

কর্মহীন গ্লানি লৈ বহি থাকক

নংপুসক সামাজিক প্রাণী

বিজয় বা পৰাজয় কোনো অর্থে একো নহ

অনন্ত দ্বন্দ্বৰ মাজত ডুবি গৈছে ৰজাৰ তৰ্জনী

 

'লাঘোঁৰা

এটি দীর্ঘ কবিতাৰ বাবে মোৰ প্ৰাণপাত

কবিতাটো হ'ব পাৰিলেহেঁতেন মোৰ খণ্ড খণ্ড ব্যৰ্থতা

নোপোৱাৰ দীৰ্ঘসূত্রী বেদনা

 

অথবা ল'ৰালিত মই যি যি কৰিছোঁ

সেইবোৰ চহহীন স্মৃতিভাৰাতুৰ দিনৰ গল্প

কবিতাটো হ'ব পাৰিলেহেঁতেন যিকোনো দ্রোহীদিনৰ পটভূমি

মে' দিৱস অথবা আৰু ৰাগী কোনো আত্মদান লৈ

 

ইয়াৰোপৰি দেশত এতিয়া জলোচ্ছ্‌বাস

উপকূলৱৰ্ত্তী এলেকাৰ লুণীয় মানুহ

যিসকল ত্রাণসামগ্ৰীৰ শিকলিত বন্দী, ভূমিহীন

সিহঁতৰ জীৱন লৈ এই দীৰ্ঘ কবিতাৰ অৱতাৰণা কৰিব পৰা গ'লহেঁতেন

কিন্তু এই সমস্ত বিষয় মোৰ

দীৰ্ঘ কবিতাৰ উপজীৱ্য বুলি বোধ হোৱা নাই

 

বৰঞ্চ এটি কলাঘোঁৰা আকাশৰ বহু ভিতৰত

প্রায় উৰি উৰি গৈছে

তাৰ অবাধ্য কেশৰত উজলি উঠিছে সূৰ্যৰশ্মি

ৰঙা চকুৰ এই ঘোঁৰাটোৰ কোনো ক্ষুৰধ্বনি নাই

অত্যন্ত নিঃশব্দ, কিন্তু ভয়াৱহ

হয়, এই বিষয়টোৱে মোৰ কবিতাক ক্ৰমশঃ গ্ৰাস কৰিছে

 

কেনেকুৱা এক অমংগলবোধ

অনাকাংক্ষিত তথাপি ভাল লাগিছে

পৃথিবীত অত ভঙাচুৰা অত মাত্ৰাবোধৰ বিস্তাৰ

সেইবোৰ এৰি দি মোৰ কবিতা

এটি কলাঘোঁৰাৰ পিছত কিয়

 

চিৰঞ্জীৱ চিঠি

পাৰ হৈ গৈছে আবেলি

মই খোজ কাঢ়িছোঁ উদ্দেশ্যহীন

সন্ধিয়া নমাৰ আগতে সূৰ্যৰ ৰক্তিম কান্দোনত

কঁপি উঠিছে প্রকৃতি

শিশুহঁতৰ পদভৰত কেনেকুৱা যেন বিষণ্ণতা

ৰমণীসকল আহি থিয় দিছে ছাদত

সিহঁতৰ আতংক চিহ্নিত মুখত ঘনভাৰ নিশাৰ নীৰৱতা

অমংলজনিত ফুচফাচ্ উঠিছে খিলানৰ ফাঁকৰ পৰা

মোৰ গতি বৰফৰ পথত কুকুৰে টনা শ্লেজগাড়ীৰ দৰে নিষ্প্রাণ, শ্লথ

 

অসহ্য এইবোৰ দিন-ৰাতি

অসহ্য এই নিঃসংগ আলোড়ন

আজিৰ সংবাদ শিৰোনামবোৰ ক'লা কফিনৰ কৰতালি

বেতাৰ আৰু টিভিৰ কণ্ঠস্বৰ ছিন্ন বালিমাহীৰ আৰ্তনাদ

পবিত্র স্তোত্র যেন মৃত্যুৰ গভীৰ শোকবাণী

মোৰ ভাবনাবোৰ সূত্রহীন বিচ্ছিন্ন

শিয়ালৰ সুৰৰ দৰে বিশৃংখল

মই স্মৃতিৰ কাষলৈ উভতি যাম নেকি

স্মৃতি এক ধৰণৰ প্ৰতাৰক

স্মৃতি যন্ত্ৰণাৰ নামান্তৰ

মোক ঠেলি দিয়ে শৈশৱৰ অন্তহীন আকাশৰ তললে

পকাধানৰ মঞ্জুৰিত উল্লাস হৃদয়ৰ শিপাত টান মাৰে

পাঠশালাৰ বেঞ্চবোৰত খোদিত

মোৰ নাম এতিয়াও উজ্জ্বল

মোৰ হাতৰ উদ্ভাসত আন্দোলিত সেই নদীৰ কলস্বৰ

মোক কন্দুৱায়

মোৰ স্মৃতি বৰ মহান

আত্মত্যাগকাৰী ছহিদৰ দৰে

নিৰৱচ্ছিন্ন মোৰ গতিপথৰ পৃষ্ঠাত

অর্থহীন অক্ষৰৰ সমষ্টিমাত্র

 

মোৰ কলৈও যাব লগা নাই

যিসমূহ ৰংণাগনৰ পৰা যুদ্ধৰ খবৰ আহিছে

তাত জয় অথবা পৰাজয়তকৈ মৃত্যুৰ সংখ্যা অধিক

তেনেহ'লে কি মৃত্যুৰ বাবেই মানুহে আত্মত্যাগ কৰে

 

মোৰ যুদ্ধলৈ যোৱাৰ কথা আছিল

কেপ্তেন ছাড়পত্ৰত স্বাক্ষৰৰ কৰিছিল তিনিদিন আগতেই

সেই তিনিদিন মোৰ পাৰ হৈছিল অবিন্যস্ত অর্থহীনতাত

যেন মোক সাৱটি ৰাখিছে তিনি হাজাৰ নিশাৰ নিঃসংগ অনুভৱ

তেতিয়া আকাশৰ নক্ষত্র যিমানেই উজ্জ্বল নহওঁক কিয়

ৰাইফলৰ বেয়নেটতকৈ তাক উজ্জ্বল ধাৰণা নহৈছিল

জোনৰ জোনাক যিমানেই শুভ্ৰ নহওঁক কিয়

জুইতকৈ তাক ধাৰণা নহৈছিল সোণালী

কুঁৱলিৰ পুঞ্জ পুঞ্জ স্তৰ যিমান বাদামীয়ে হওঁক

15বিস্ফাৰিত ধোঁৱাতকৈ সেয়া বিবর্ণ নাছিল

তেতিয়া মাতৃভূমিৰ কাৰণে মাতৃভূমি এৰি যোৱাৰ বেদনা

বিস্মৃতিৰ কাৰণে নতুন স্মৃতিক আলিংগন কৰা আৰু

সীমাহীন শান্তিৰ বাবে অশান্তিক মানি লোৱা আছিল কঠিন

আৰু আজি মোৰ একনিষ্ঠ বন্ধুৰ মৃত্যুৰ উদ্বেগ

প্ৰচাৰিত হৈছে বেতাঁৰত

সি দৃঢ়চেতা যুগপৎ সাহসী আৰু দেশপ্ৰেমিক

তাৰ প্ৰিয়তমাৰ ওচৰলৈ লেখা শেষ চিঠি ময়ে পৌছাই দিব লাগিব

কিন্তু কেনেকৈ থিয় হম গৈ

সেই সন্তপ্ত তৰুণীৰ মুখৰ সন্মুখত

তাইৰ চকুৰ চুলাত টগ্নগাই ফুটিছে যি বেদনা

মোৰ সান্ত্বনাৰ ফুঁত সেয়া কেতিয়াও নুজুৰায়

মোৰ অন্তৰাত্মা এক প্রেমিক

শৱবাহকৰ আৰ্তনাদত ভৰি উঠিছে

মোৰ পকেটৰ চিঠিখন যেন বন্ধুৰ পবিত্র মৃতদেহ

যি মই বহন কৰিব পৰা নাই

অসম্ভৱ ভাৰি আৰু তপ্ত

ইয়াতকৈ জানো শ্রেয় নাছিল

মাতৃভূমি এৰি যোৱাৰ শোক

মই বিচাৰোঁ কোনো এক দিগন্তৰ ডাক-পিয়নবোৰে

বিলি কৰক এই ঋজু ৰক্তাক্ত বর্ণমালা

ভালপোৱাৰ এনেকুৱা অবিৰল অক্ষৰ সিঁচৰতি হৈ পৰক

এই নগৰৰ নগ্নমুখ অন্ধকাৰত

এক দীর্ঘতম শোক মিছিলৰ সন্মুখত

খাটিয়াত শায়িত থাকক এই বর্ণমালা

আৰু সংগীতৰ সকৰুণ মূৰ্চ্ছনা স্বদেশৰ

পূৰ্ণ প্ৰান্তৰত প্ৰতিধ্বনিত হউক

 

অনুশোচনা আৰু অপমানত মই ন্যূব্জ

মোক ক্ষমা কৰা

হে সময়

 

মোৰ হৃদয় হাহাকাৰ কৰি উঠিছে যুদ্ধৰ বাবে

ভৰিৰ বাহিৰে কোনো দ্রুতগামী বাহন মোৰ আয়ত্বত নাই

কত মাইল সন্মুখত মোৰ বন্ধুৰ তেজগন্ধ উদ্যান

এদিন য'ত আনন্দত

পখীবোৰ আকাশৰ পৰা নামি আহিব

এদিন য'ত চহাবাদ হ

মোৰ সমগ্ৰ প্ৰাৰ্থনা সেই উদ্যানৰ বাবে

তথাপি প্ৰাৰ্থনাৰ আগত মোৰ কৰ্তব্য হ

চিঠি পৌছাই দিয়া

 

ক্রমশঃ- ধাৱমান নিশাৰ নৈঃশব্দ ভাঙি দৌৰি যোৱা

ভয়াৱহ নিঃসংগ আলোড়নৰ পৰা

নিজকে বচাই নিয়া

কিন্তু মোৰ ভৰি গধুৰ হৈ উঠিছে শিলৰ দৰে

দুকাষৰ ঘৰৰ খিড়কীৰ পৰা

বিচ্ছুৰিত হৈ অহা আলোকবোৰে

সিহঁতৰ নগ্নদাঁত নিকটাই উপহাস কৰিছে মোক

মই বন্ধ কৰি ৰাখিছোঁ দুচকু

ধাৰণা হৈছে মোৰ সন্মুখত যেন পৃথিবীৰ সমান দেৱাল

মই অন্ধৰ দৰে হাতেৰে

স্পৰ্শ কৰাৰ চেষ্টা কৰিছোঁ সেই দেৱাল

অসীম শূন্যতাত ডুবি গৈছে মোৰ আঙুলি

আৰু ভৰিৰ তলত টল্‌মল্ কৰিছে মাটি

 

যি নগৰ আছিল কোলাহলৰ প্ৰাণকেন্দ্ৰ

আজি সেয়া জনহীন মরুভূমি

কোনো নাই যে মোক ধৰি থিয় কৰাই দিব সত্যৰ সন্মুখত

মোৰ পকেটত যি বেদনাৰ বৰ্ণমালা

তাক সান্ত্বনা দিব

 

কোনে মোৰ অৰণ্যৰোদনত সঁহাৰি দিব

শোক বিহ্বল নগৰবাসী সন্ধিয়াৰ আগতেই

দুৱাৰত খিল মাৰিছে

সিহঁতে এতিয়া দুৱাৰ খুলিবলৈ ভয় পায়

আৰু সপোন দেখিবলৈও

নদী ভাঙনৰ অনুকৰণত সিহঁতৰ চকু কঁপে

পৃথিবীৰ দীৰ্ঘতম সেতু ধ্বংসৰ দৰে সপোন ভঙাৰ শব্দ হয়

যদিও সত্যতকৈ সপোন ডাঙৰ

তথাপিও সত্যক সিহঁতে বাছি লৈছে

নিজৰ অজানিতেই চিঠিখন হাতত আহি পৰিছে

আকৌ সেয়া মই বুকুৰ কাষত লুকুৱাই ৰাখিলোঁ

যেন মোৰ হৃদযন্ত্রও জানিব নোৱাৰে

ক্ৰমশঃ নিশা গভীৰ হৈছে মই কান্ধ ওখ কৰি

আকাশৰ অংসখ্য তৰা দেখিছোঁ

ধাৰণা হৈছে ছায়াপথৰ কাষত এটি কলা নদী

ঠিক মোৰ চকুৰ তলৰ ক'লা দাগটোৰ দৰে

আক্ৰমণকাৰীহঁতে বেয়নেটেৰে ফালি চাইছিল

অতীতৰ স্মৃতি আৰু বন্ধুৰ শেষ চিঠি লৈ

কেপ্তেন স্কটৰ দৰে ভৰি টানি টানি

আগুৱাইছোঁ সন্মুখৰ ফালে

সূর্যোদয়ৰ আগতে চিঠিখন পৌছাই দিম

17অন্ধকাৰত ছোৱালীজনীৰ মুখ ঠাৱৰ কৰিব পৰা নাযাব

হয়তো শব্দ শুনিম

নগৰ পতনতকৈও ভয়াৱহ হৃদয় ভঙাৰ

গন্তব্য যিমান চমু চাপি আহিছে

মোৰ সাহস সিমানেই সৰি পৰিছে

যেনেকৈ চহাক জোনে পালে চহাৰ আগতেই

জোন সৰি যায়

মোৰ চকুত নদীৰ তীৰৰ দৰে ভাহি উঠিছে

বন্ধুৰ প্ৰেমিকাৰ ঘৰ

মই প্ৰথমে আগুৱাই গৈ

হাতেৰে শীতল শাড়ী স্পৰ্শ কৰি চালোঁ

ধাৰণা হ'ল মোৰ বন্ধুজন কতবাৰ ইয়াত

অত্যুষ্ণ স্পৰ্শ ৰাখিছে

কতবাৰ ঘৰত প্ৰৱেশৰ আনন্দত অধীৰ হৈছে

কতবাৰ তাৰ প্ৰেমিকাক সলজ্জ চুমা খাইছে

মোৰ অনুভৱ সুতীক্ষ্ণ হৈছে

 

মই ক্রমাগত ছিৰি বগাই ওপৰলৈ উঠিছোঁ

উঠাৰ চেষ্টা কৰিছোঁ

সঁচাকৈয়ে উঠি আহিলোঁ দুৱাৰৰ কাষলৈ

উপস্থিতি ঘোষণা কৰাৰ পাছত যেতিয়াই

কান্ধ তলৰ ফালে দোঁৱাই আনিছোঁ

দেখিলোঁ মোৰ নখ দীৰ্ঘ হৈ হৈ

শিপাৰ দৰে প্ৰৱেশ কৰিছে মাটিত

যেন মই থিয় দি থাকোঁ, অন্তত

ঝঞ্জাত ভিজা গছৰ দৰে

 

কাংক্ষিত নাৰীয়ে দুৱাৰ খুলিলে

মই থিয় দি থাকিলোঁ বাহিৰত, ছাদৰ তলত

ৰ পৰা আকাশ চোৱাৰ অৱকাশ নাই

চিঠিখন দিলোঁ

তাই পঢ়িলে খুব জোৰে জোৰে

নিজক শুনোৱাৰ বাবেই

অর্থাৎ বিশ্বাস কৰা সি নাই, আৰু নাহিব

চিঠিৰ শেষ পংক্তি এনেভাবে উচ্চাৰিত হ'

যেন পৃথিবীৰ সমস্ত ঘৃণা উপচি পৰিছে কণ্ঠ বইঃ

 

যিসকল এতিয়ালৈকে যুদ্ধলৈ অহা নাই সিহঁত আমাৰ বন্ধু নহয়, মই

তোমাৰ বাবে আৰু তোমাৰ দৰে প্ৰস্ফুটিত স্বপ্নৰ বাবে যুদ্ধ

কৰিছোঁ, যদি উভতি নাহোঁও তথাপি অপেক্ষাত থাকিবা

 

চিঠি শেষ হ

18আৰু মই থিয় দি ৰ'লোঁ অৱনত

সেই সন্তপ্ত তৰুণীৰ সন্মুখত যেতিয়ালৈকে

দুৱাৰ বন্ধ কৰাৰ শব্দ নহ'

 

তাৰপাছত নামি আহিলোঁ দ্রুত

কোনেও যেন দেখা নাপায়

কিন্তু ৰাস্তাত কোলাহল জয়ধ্বনি

ছহিদ উদ্দেশ্যে পুষ্পবৃষ্টি আৰম্ভ হৈছে

 

মোৰ কলৈকো যাবলগা নাই

এই অনিঃশেষ বিজয় মিছিলত

মোৰ স্থান নাই

মইন অকলশৰীয়া--- নিঃসংগ

 

ধু ধু শূন্যতাৰ দৰে গুমৰি উঠিছে মন

মোৰ সন্মুখত বহু দিনৰ

পুৰণি এটি দেৱাল

মই প্ৰাণপণে সাৱটি ধৰিলোঁ সেই দেৱাল

আৰু এক অসীমত শব্দহীন কান্দোনত

ভাঙি পৰিলোঁ

 

মোৰ পকেটৰ পৰা

সৰি পৰিছে যুদ্ধৰ ছাড়পত্র

আৰু বসন্তৰ উদ্দাম বতাহে তাক

পতাকাৰ দৰে উৰুৱাই নিছে

 

সমকালত কালবেলা

সমকালত কালবেলা

কালে কালে দীর্ঘ বেলা যায়

বন্ধ্যা প্রান্তৰত নামে শীতষাঁড় নগ্নযোনী প্রেত ছায়া ছায়া

আলেয়াৰ অসহিষ্ণু স্বেদত সমকাল শুদ্ধ তিতি উঠে

বৃষ তাৰ কান্ধৰ পৰা পেলাই দিয়ে বৃদ্ধ পৃথিবীক

 

পথাৰ কঁপে নদী কঁপে

অৰণ্য-অৰণ্য কঁপে প্ৰাণী

ম‍ই কঁপো

মই মানুহ নে প্রাণী

 

মানুহ নকঁপে ঠাণ্ডাত

শীতান্ধ ষাঁড়ৰ দাঁতত দীৰ্ণ হয় জোনৰ জুই

মৃত্তিকা শিশুৰ টানত আকাশৰ স্তনৰ পৰা

19শিশিৰৰ গাখীৰ সৰি তেজ সৰে

নংপূসক নিশা সৰি পৰে

 

সমকাল কালবেলা কালে কালে দীর্ঘ বেলা যায়

বাগৰে গভীৰভাবে পাথৰৰ উট

মৰু কাৰাভানৰ দৰে আতংক উঠি আহে মানুহে মানুহে

মানুহ তথাপিও থাকে-- থাকে

ময়ে নাথাকোঁ মাথোঁ পলাও ভিতৰলে

শামুক সন্দেহত নিজক লিপ্ত হ'বলৈ দিওঁ

ম‍ই কি মানুহ

নে মানুহৰ মৰ্মান্তিক পৰিণতি ঘৃণা

কালবেলা

সমকাল

কালে কালে দীর্ঘবেলাবন্ধ্যা প্ৰান্তৰ

বেলা যায়-- যায়

 

বিনয়ৰ চকা নুভোতে

বিনয় উভতিব পাৰে

বিনয়ৰ চকা নুভোতে

বিনয়ৰ চকা গৈছে গন্ধমদ বণিকৰ ঘৰত

দুগ্ধ শয্যাত শুই তন্দ্ৰাতুৰ চকা

পাহৰি গৈছে শোক আৰু কাঁহী--- অৱশিষ্ট উত্তৰাধিকাৰ

পাহৰি গৈছে ঘাম আৰু ধূলিৰ গন্ধ বমন বিষ্ঠাৰ মাৰামাৰি

 

বণিকৰ ঘৰৰ পৰা বিনয়ৰ চকা যাব

সম্ভৱতঃ উজ্জয়িণীপুৰত কোনো ব্ৰাহ্মণৰ ঘৰত

দধি আৰু কলৰ বাবে কৰ্তাৰ পদতলে প্ৰণাম জনাব

তাত অৰুচি হ'লে চকা যাব নৈঋতে

নিষিদ্ধ পল্লীৰ নাচ আৰু নিচাত

 

নিশাৰ ৰমণ শেষত ভোৰৰ গন্ধে তাৰ টোপনি ভাঙি গলে

মনত পৰিব বিনয় ক

তেনেহ'লে কি উভতিছে ঘৰলৈ চিৰ চিনাকি দীৰ্ঘ দুৱাৰত

এতিয়াও কি বিনয়ৰ ঘৈণীয়েকৰ কণ্ঠ

সূর্যোদয় ভেদ কৰি কুলিৰ দৰে বাজি উঠে

হে চকা

উঠাউঠি পৰা দুপৰ হ'ল যে

 

আজি কোনেও নামাতিলে

 

দুঃখভাৰাক্ৰান্ত চকা বাগৰি বাগৰি যাব

ঈশানত অগ্নিত

 

আয়নাৰ কি দৰ্কাৰ

চকুৰ ভিতৰত মুখ দেখিছোঁ

আয়নাৰ কি দৰ্কাৰ?

পৃথিবীত স্বচ্ছতম আয়না পোৱাই ভাৰ

পাৰতো নহয় কাঁচৰ তলত গভীৰ অন্ধকাৰ ৷

চকুৰ  ভিতৰত মুখ দেখিছোঁ

আয়নাৰ কি দৰ্কাৰ ?

 

পথৰ কাষত সৱ পাইছোঁ

ভয় কি হেৰুৱাৰ?

গতিৰ ভিতৰত আলোক আছে বিৰোধী জ্যোৎস্নাৰ

হাত বঢ়ালে নাযায় পোৱা সজোৱা সংসাৰ ।

চকুৰ ভিতৰত মুখ দেখিছোঁ

আয়নাৰ কি দৰ্কাৰ ?

পানীৰ কাষত জুই পালোঁ

পাথৰ কি দৰ্কাৰ?

সৱ পাথৰত জুই থাকে এনেকুৱাতো নহয় আৰু ?

 

বুকুৰ জুই জগাই তোলে মূৰ্খহঁতে বাৰেবাৰ;

চকুৰ ভিতৰত মুখ দেখিছোঁ

আয়নাৰ কি দৰ্কাৰ ?

 

কোন সেইজন মানুহ

কাৰ বজ্ৰকণ্ঠ আজিও বাজে

কোন সেইজন মানুহ

সাহসৰ তৰোৱাল হাতত লৈ দৌৰিছে দিগন্তৰ ফালে

ক্ষমাহীন ঘৃণাৰ জুইত

শত্ৰুৰ ছাউনিবোৰ পুৰাই দিছিল

নিজৰ বিবেক আৰু বিশ্বাসৰ কাষলৈ

বাৰে বাৰে উভতিছিল

পবিত্ৰ স্বপ্নৰ দৰে সদা সর্বদাই গাত পিন্ধিছিল

জনতাৰ প্ৰতীক পাঞ্জাৱী

কোন সেইজন মানুহ

মৰণৰ মাজৰ পৰা জীৱনক টানি তুলিছিল

সন্দীপৰ মাজীৰ পৰা শুনিছিল

ইলিচৰ আশ্চৰ্য খবৰ

ভোলা আৰু নেত্রকোণা চকুৰ আগত ৰাখিছিল

উৎকলিত আত্রাই আবেগ লৈ দৌৰিছিল পেয়ৰাবাগানলে

বুড়িগংগাৰ পানীত জুৰাইছিল দীঘল শৰীৰ

ৰেচকোৰ্চৰ পথাৰত যিজন থিয় দিলে আটাইতকৈ সুন্দৰ দেখাইছিল

খামোশ-- শব্দটো যাৰ উত্তৰাধিকাৰ

তেওঁ কি কোনো ৰজাৰ পুত্ৰ অথবা কোনো সামন্ত প্ৰভুৰ সন্তান

নেকি নগণ্য চহাৰ ল'ৰা চৰ্ভাচানৰ কোনো ৰুদ্ৰ লাঠিয়াল

পিতা যাৰ শস্যৰ শ্লোকৰ বাহিৰে নাজানিছিল একোৱে

নগৰৰ লোহাৰ হাঙৰবোৰে কামুৰি দিব বুলি

নগৈছিল নগৰ তোৰণত

তাৰেই পুত্ৰ প্রমিথিউচ হ'ল স্পার্টাকাচ

হাতৰ হাৰ্পণ নিক্ষেপি হত্যা কৰিলে লাখ হাঙৰ

আৰু আদৰ্শৰ অশ্বত উঠি প্ৰদক্ষিণ কৰিলে পৃথিবী

 

ওভতা নাই অবাধ্য মই

মই যোৱাৰ আগেয়ে পথ যায়

পথ গুচি যায়

মই যাম পথতকৈও দূৰলে

দিগন্তৰ ওচৰা-উচৰি আছি নগৰত

'ত পথৰ কাষত নীলকণ্ঠ মেঘৰ কলহ

জীৱন ৰক্তমুখ অধোমুখ হৈ আছে

কান্ধত সেই স্বপ্নৰ আৰতি

মোৰ অন্তৰব্যাপী মাতি উঠিব তৃষ্ণাৰ চাতক

 

সুদীৰ্ঘ নিশাৰ শেষত

সৌফালে

পথ বেঁকী গৈছে

 

মোৰ কিহৰ তৃষ্ণা

পথৰ নে ঘৰৰ

পোৱাৰ নে হেৰুৱাৰ

বুজিব নোৱাৰোঁ

নিজৰ বিৰুদ্ধে সেয়ে ক্ষমাহীন শিল সজাওঁ

ওৰেটোদিন শিলগুটি আৰু তৃষ্ণা কান্ধত বাটে বাটে ঘূৰোঁ

 

ইকি মাথোঁ অনর্থক আত্মাৰ প্ৰবোধ

অনেক দুৱাৰ ভাঙি এটি ঘৰৰ ফালে যোৱা

প্ৰত্যাৱৰ্তনৰ সৱ চৰ্ত চিঙি পেলোৱা

আৰু কোনোদিন পিছলে' নুভোতা

 

 কুঠাৰ

হনন হে' হন্তাৰক কুঠাৰ নিৰ্মম

কি কাটিছা নিৰৱধি কাল নে সময়

কি কাটিছা নিৰৱধি মন নে হৃদয়

কি কাটিছা নিঃশব্দ নিৰ্মম হেহনন হন্তাৰক

বীজ নে বৃক্ষ কাটিছা মন নে শিল

কি কাটিছা শব্দহীন নির্মোহ জুই

দিন নে ৰাতি কাটিছা

আন্ধাৰ নে আলোক

কি কাটিছা নিৰৱধি পাপ নে পিপাসা

স্নায়ু নে অস্থি কাটিছা

কি কাটিছা হে পৰশুৰাম

মাটি নে অনন্ত

দৃষ্টি নে দিগন্ত কাটিছা

আয়ু নে অন্তিম

কি কাটিছা নিঃশেষ গভীৰ গোপন

মর্মমূল বিনাশৰ

হনন হেহন্তাৰক কুঠাৰ নিৰ্মম

কি কাটিছা হে

 

ঘৰলেওভতাৰ সময় হ'

ঘৰলেওভতাৰ সময় হ

বুকু পাতি পথবোৰ প্ৰস্তুত

ইন্দ্ৰিয় সজাগ কৰি দুৱাৰ থিয় দি আছে

চৌকাবোৰে লোভাতুৰ জিভা মঙহৰ হাড়ীৰ ফালে বঢ়াই দিছে

প্ৰাৰ্থীত ল'ৰাবোৰ আহিব উৎসৱে উৎসৱে অন্ধ হ'ব পাৰা

দিন গ'ল ৰদে ৰ'দে দগ্ধ হ'ল পথ

নুভুতিল পৰিচিত শব্দ কাৰো ভৰিৰ আৱাজ

কুকুৰৰ আৰাও গ'ল আন্ধাৰ কঁপাই দিশে দিশে

জ্যোৎস্নাৰ জংঘা বৈ দিগন্তৰ তীৰত সৌ জোনটো নামি গ'

নুভুতিল অপেক্ষাৰ আকাশপথে নক্ষত্ৰ ল'ৰাহঁতে

 

পুনৰ ৰ'দ আহিল বঠাৰ বাহু গ'ল পানীৰ বিৱৰে

ঢেউ নুঠিল

প্ৰতীক্ষাৰ প্ৰৱাল আহি কাঢ়ি নিলে নৌকাৰ গতি

বতাহত লুকুৱাই ৰখা মর্মন্তুদ ৰোদনবোৰ

চিঙা পালত প্রতিধ্বনিত হ'; সেইফালে নাযাবা কেৱ

পোৰি যাব কংকালৰ কঠিন কোটত চিতা জ্বলে ঐতিহাসিক

ভস্ম হৈ যাব অপেক্ষা নকৰিবা মাথোঁ

মৃত্যুৰ গোঁ গোঁৱনি শুনা শ্বাপদসংকুল

 

বেয়নেট বিদ্ধ ছাত্ৰাৱাস

পোৰি যোৱা ৰক্তাক্ত চোলা উৰি আহি

অধোমুখ চোতালত পৰিছে

ছিন্নভিন্ন শাড়ীৰ আঁচল কাৰ তিতি গৈছে ৰক্তিম শিশিৰত

খোলা পিঠি ক্ষত বুকু

ড্রাকুলাৰ দীৰ্ঘদাঁত নামি আহি হৃপিণ্ডত ঢুকিছে

দগ্ধ পিঠি বিক্ষত হনু হাড় দহা পথ

কেনেকৈ উভতিব ঘৰলে প্ৰাৰ্থীত লৰাবোৰে

ঘৰলে' ওভতাৰ সময় যায়

প্ৰতীক্ষাৰ ভাষা নুমাই আহে

বন্ধ্যা পথ বুকু পাতি থাকে

 

সেয়া মোৰ ৰাতি

সেয়া মোৰ ৰাতি, উজ্জ্বল ঘনভাৰ অমৰাৱতী

সাতটা বগা ঘোঁৰাৰ সন্মিলিত কোৰ্হাল

কৃপাণ উদ্যত সাতজন অশ্বাৰোহীৰ চকুৰ

জুই আৰু স্বপ্ন- শিশিৰ আৰু স্তব্ধতা

সেয়া মোৰ ৰাতি অন্ধকাৰ নগ্ন বুকু মৃত্তিকাৰ

 কান্দোনৰ ফল্গুধাৰা দেৱতা আৰু পশুৰ সংগম

সমুদ্ৰ গৰ্জনৰ নিৰৱচ্ছিন্ন আতস্বৰ-- পাথৰ

আৰু নিজৰাৰ অনন্ত আক্রমণ-- অনন্ত পিপাসা

 

যি বুকু এই ঘাঁহবনৰ ওপৰত আনত অদৃশ্য

সেয়াও মই স্পৰ্শ কৰিবলৈ অক্ষম—যি ফুল

সূর্যোদয়ক অৱজ্ঞা কৰিব তাৰ বাবে কোনো

সংবাদ পৌছাই দিবলৈও মই অনিচ্ছুক- আজি

নাৰীৰ মৃত্যুৰ বেদনাত বিহ্বল অন্ধকাৰ

পুঞ্জ পুঞ্জ জোপাৰ আকাশত অনিৰ্দিষ্ট নক্ষত্ৰৰ

দৰে ফুলি উঠিছে- সেয়া মোৰ ৰাতি

মোৰ জলপ্ৰপাতৰ আবেগ আৰু প্ৰতিৰোধ

মোৰ সমস্ত আকাংক্ষা আৰু স্বপ্নৰ উদ্বোধন

সেয়া মোৰ জন্ম- পৰাজিত সেয়া মোৰ ৰাতি

সেয়া মোৰ আদি সেয়া মোৰ অৱগুণ্ঠন

সেয়া মোৰ ধৰিত্ৰীৰ সৰ্বংসহা-ৰাতিৰ ৰোদন

মোৰ গ্ৰীবাৰ তলদেশ চিক্‌মিক্‌ কৰিছে

যি ৰক্তবালি তাক আয়না হবলৈ কওঁ সি

পানীৰ দৰে অঞ্জলিৰ পৰা পলাই মাটিলে

যায়- তাক আৰু স্পৰ্শ কৰিব নোৱাৰোঁ

সেয়া মোৰ অক্ষমতা সেয়া মোৰ ৰাতি অন্ধকাৰ

তেও সৌ বেদনা সৌ অক্ষমতা সৌ অন্ধকাৰ-- মই

তাত মুখ লুকুৱামমোৰ বংশধৰহঁতৰ যিসকলে

অপমান লজ্জাত কোনোদিন আবুৰ পোৱা নাই যিসকলে

অন্ধকাৰত তেজকে পানী বুলি ভুল কৰিছিল-- ধূলিকে

ভস্ম বুলি ভৰিৰে ছটিয়াই দিছিল-- লাওখোলাক

কাঠ বুলি এঙাৰে এঙাৰে দগ্ধ কৰিছিল

ভাল তেও ভাল সেই ভুল সেই আজন্ম ৰাতিৰ

অন্ধকৰ ভাল সেই নাঙলৰ নিৰ্জন তপোবন

ভাল মোৰ ৰাতি ভাল অবৰ্ণ অন্ধকাৰ ভাল

মোৰ অস্বীকৃতি পোৰা মাটিৰ গৰ্ভে গর্ভে জন্ম

পোৰা বৃক্ষৰ বাকলিতে অংকুৰ স্পৰ্শকাতৰ

মোৰ ৰাতি – মোৰ অন্ধকাৰ ভূমিহীন

বাণিজ্য বহৰৰ তলত কলা শ্ৰমৰ সূৰ্যাস্ত

স্বেদদগ্ধ পোতাশ্ৰয়-বন্দৰৰ বাঁহীৰ বেদনা

সেয়া মোৰ ৰাতি মোৰ অসূৰ্যস্পৰ্শ্যা

অন্ধকাৰ চহহীন শ্ৰোণীৰ উৰ্বৰতা ভাল

তৰোৱালত কেঁচা তেজৰ দৰে আতংকিত ভুল

পদক্ষেপে পদক্ষেপে পথ নিৰ্ণয়ৰ দৰে

শ্ৰমসাধ্য পথ- সেয়া মোৰ আৱিষ্কাৰ মোৰ

প্ৰাৰ্থীত ৰাতিৰ নিৰ্যাস

 

কাৰাবৰণৰ ক'লা ক্ষুদ্ৰ প্রকোষ্ঠত স্বাসৰুদ্ধ স্পন্দন

'লা কাপোৰৰ ঘূর্ণন পোৰা ৰুটি আৰু কাফনৰ

কর্কশ স্বাদঅনুভৱৰ নিৰ্বাসন

সেয়া মোৰ ৰাতিৰ মহাশ্বেত- বীৰবাহুৰ বিদ্যুৎ

অৰ্জুনৰ অনিৰ্বাণ বাণে বাণে

ৰক্তাক্ত উষ্ণীষ-- সেয়া মোৰ ৰাতি

 

হে' বীজ হে' মাটি

বৃক্ষ ফাটি সিঁচৰতি হৈ পৰিছে বীজ

পানী ফাটি মাটি

অজ্ঞাতকুলশীল হেবীজ হে' মাটি

খাঁটি হ'লি জুইত নুপুৰি

দাস হলি প্ৰভুৰ হলি অনঙ্গ হলি ধ্বংসৰ ধীৱৰ

মাতা আৰু জনক তহঁত পৃথিবীক তিনিভাগে খালি

নক্ষত্ৰ মন্থন কৰি আকাশ বনালি

বায়ু ভাঙি অগ্নিহোত্রী পাথৰ সময়

মৃত্যুৰহিত তহঁত জন্মান্তব্যাপী মুহূৰ্তৰ্ভূক

মানুহক খালিমানুহৰ তেজ খালি

আয়ু আৰু মজ্জা খাই লিপ্ত হলি কামত

 

কাম বৃক্ষত লগ্ন হৈ মানৱ সংক্ৰম

কাম মাটিত মথিত হৈ উৎপন্ন মানৱ

কাম জুইত এঙাৰ হৈ মানৱৰ অংকুৰোদগম

কাম বায়ুত ব্যাপ্ত হৈ মানৱৰ মহাৰ্ঘ উত্থান

 আৰু মানুহ ফাটি গৈ অজস্ৰ ঈশ্বৰ

ঈশ্বৰ ফাটি গৈ পুনশ্চঃ মানৱ

 

এইভাবে বীজৰপৰা বৃক্ষ আৰু পানীৰ পৰা মাটি

ঈশ্বৰ চয়তান প্রভু আৰু মানুহ

বায়ুৰ পৰা অগ্নি আৰু নক্ষত্ৰৰ পৰা মহাকাশ

জন্ম জন্মান্তৰ বজ্ৰদণ্ড হাহাকাৰ ক্ষোভ আৰু চিৎকাৰ

একোৱে শূন্য নহয়

সকলোবোৰ পূৰ্ণপ্রাণ আয়ু

সকলোবোৰ অর্বুদত অন্বয় হৈ অসীম শূন্যতা

 

হে' বীজ হে' মাটি

শূন্যতাৰ পৰা ত্ৰাণ বিচাৰি এইবাৰ অগ্নিলে' যাবি

 

হাৰকিউলিচ

এতিয়াও নমা নাই সন্ধ্যা কতো কোনো কাঠুৰিয়াৰ ঘৰত

বকুল বিছোৱা পথটোত কাৰ পিপাসার্ত দুই চকু

ধু-ধু দৃষ্টিৰ অসীম কান্দোন মেলি দি বহুদূৰত

অপেক্ষা কৰি আকাশৰ তলত হৃদয়ৰ বীতশোক

 

সূৰ্যাস্তৰ সেন্দুৰ লাগিছে পথৰ সিঁথিৰ ওপৰত

গো-ক্ষুৰৰ ধূলি উৰিছে হাৱাত ৰক্তাক্ত আলোড়ন

হাজাৰ বছৰ নামি গৈছে কাৰ খুঁতৰিৰ ঢাল বগাই

সি কি নাহিব পুনৰ ইয়াত অবাক অপেক্ষাত

 

অর্জুনবাণ ফিৰি আহিল কেতিয়া ৰতিবিহাৰৰ ঘৰত

ইন্দ্ৰজিতৰ চকুৰ ভিতৰত নামি গ'ল ছায়াপথ

সহদেৱ আহি দ্রোপদীক পুনৰ নিছে আলিংগনত

ডিডেলাচ ফিৰি আহিছে পুনৰ জিউচৰ মুখামুখি

হাৰকিউলিচ কৰিছা কত শক্তিৰ সন্ধান

 

হেৰাৰ হিংস্ৰ নখৰ কৰিছে ৰাতিৰ আয়োজন

প্রিয়তম কোন প্ৰান্তৰত অকলে মৃত্যুক ৰোধি আছে

জুই আৰু বৰফত ডুবি গ'ল চোৱা শক্তিৰ সম্ভাৰ

 

বজ্ৰদণ্ড হাতত লোৱা তুমি হাৰকিউলিচ দ্রুত

জিউচৰ প্ৰিয় ঈগল সোমাইছে প্রমিথিউচৰ বুকুত

চিঙা শিকলিৰ সন্ধি আৰু ছিৰি মাৰণৰ মহাবলত

অগ্নিপুত্ৰ হে' প্রমিথিউচ তোমাৰ তীক্ষ্ণ চিৎকাৰ

দহ দিগন্তে বিয়পি পৰক প্লাৱনৰ অনিবাৰ্য

 

ইউৰোপৰ পৰা বুটুলি আনা আফ্ৰিকা

 

উঠা ছিৰি বগাই স্বৰ্গৰ চিধা জিউচৰ দৰবাৰত

পান কৰা কোটি নক্ষত্ৰৰ শৰীৰ নিগৰা স্বাস্থ্য

প্ৰিয়তমা তাৰ সিঁথিৰ সেন্দুৰ তৈয়াৰ কৰিছে ছায়াপথ

হাৰকিউলিচ নামি আহা হাতত লৈ প্ৰেম আৰু প্ৰতিশোধ

 

  উত্তৰসূৰী

যি কৃষকৰ স্বেদবিন্দু সৰি মৃত্তিকা উৰ্বৰ পলসভূমি

তাৰ শ্ৰমৰ পবিত্ৰ কবিতা পৃথিবীৰ শ্ৰেষ্ঠ পদাৱলী

তাৰ চকুৰ আকাশত স্বপ্নৰ অসীম বিস্তৃতি

সেই স্বপ্নচিত্ৰ পৃথিবীৰ হীৰক শিল্প

 

তাৰ ভৰিৰ প্ৰতিটো ছাপ সৈনিকৰ সাহসী গমন

মানচিত্ৰৰ দৰে সেই পদৰেখা যি পথাৰ ধাৰণ কৰিছে

সেই পথাৰৰ ফচল কাঢ়ে এনুৱা দুৰ্জন চিৰ মৃত্যু কৱলিত

তাৰ শৰীৰৰ উজ্জ্বল মঙহস্তৱক ইতিহাসৰ স্বৰ্ণ অধ্যায়

অধ্যায়ৰ শব্দমালা হিন্ময় সভ্যতাৰ অণু পৰমাণু

মই সেই কৃষকৰ দ্ৰাৱিড় সন্তান

উত্তৰসূৰীৰ দৰে লালন কৰিব পাৰোঁ

স্বপ্নময় ফচলৰ পথাৰ

সহস্ৰ বছৰৰ ক্ষোভৰ কবিতা

 

ৰৌৰৱৰ পৰা

কোনে মোক অৱসৰৰ গান শুনালে

মোৰতো এতিয়াও বহু কাম বাকী

দুপৰৰ আকাশ মোৰ অস্ত্ৰ হাড়ীত

জুই ৰঙা লোহা ঢালি দিছে

ক্ষুধাৰ চুল্লীত টগবগাই ফুটিছে সেই

দুর্লভ শস্য

মই অনাহাৰৰ পৰা উঠি অহাৰ বাবে

কঠিন হাতে অস্ত্র হাড়ীত হাত ৰাখিছোঁ

ভৰি ক্ষুধাৰ চুল্লীত

মই উঠি আহিব লাগিব সেই

দুর্লভ খাদ্যৰ বাবে

যেনেকৈ সন্তানৰ বাবে ৰণক্ষেত্ৰৰ পৰা

পিতা উঠি আহে

 

মোক অৱসৰৰ গান কোনে শুনালে

এতিয়াও দুর্লভ খাদ্যৰ বাবে

মোৰ শ্ৰম শেষ হোৱা নাই

মই অনাহাৰৰ পৰা উঠি অহাৰ বাবে

অস্ত্ৰ হাড়ীত হাত ৰাখিছোঁ

ভৰি ক্ষুধাৰ ৰৌৰৱত

 

পৃথিবীৰ তিনি চতুর্থাংশ মানুহ এই ক্ষুধাৰ ৰৌৰৱৰ পৰা

উঠি অহাৰ বাবে নিৰন্তৰ পৰিশ্ৰম কৰিছে ময়ো সিহঁতৰ

ব্যতিক্রম নাই-- মহাভাৰতৰ নৈঋতে মোৰ অৱস্থান- মই

ক্ষুধাৰ ৰৌৰৱৰ পৰা ওলাই অহাৰ বাবে নিজকে

প্ৰস্তুত কৰিছোঁ পৰৱৰ্ত্তী পংক্তিসমূহত- আশা কৰিছো

অন্যান্যসকলো মোৰ দৰে ভীষণ

প্ৰস্তুত হৈছে

মই উঠি আহিম ৰৌৰৱৰ পৰা অগ্নিবর্ণ লৌহৰ ওচৰা-উচৰি

সিংহচক্ষু শ্বাপদৰ লেলিহান

খাম আত্মঅন্ত্রস্থল হলাহল শিল আৰু প্ৰণয়

খাম জংঘামেদ পাশৱিক হ'ম নাকী ৰাতি হ

খাম উজ্জ্বল চিতাৰ চকু সিংহৰ শিশমূল বজ্ৰৰ বিৱৰ

মই উঠি আহিম অশ্ব-- অশ্বজ হিংস্র হা মুখ হন্তা

হন্তাৰক হাঁহি ঠাচ ঠাচ্ বিদ্যুৎ চমক

মই উঠি আহিম দুর্লভ

সৱতকৈ দাম্ভিক আৰু খঙাল ৰুদ্ৰ ফণা

দেখিব যেতিয়া কেৱে, ব- চোৱাচোন আহিছে

ত্রাণকর্তা প্ৰভু খাঁটি গোঁৱাৰ দ্ৰাৱিড় দৈত্য

এইবাৰ লণ্ডভণ্ড হব শাখা আৰু প্ৰশাখা ভাঙি

বনে বনে জুই জ্বলিব

 

মানুহৰ কোটি পাঁজৰত জ্বলে ক্ষুধা

মই মাথোঁ তাৰ এটি বজ্ৰকণা

এটি কণাৰ এনে হিংস্ৰ উদ্ভৱ

কোনোবাই কি পঢ়িছে পুৰাণৰ পৃষ্ঠাত

 

ভয়াৱহ ক্ষুধা বুকুত লৈ কোনো বৃক্ষ

আহিছে কাহানিবা এনে দীর্ঘ চিৎকাৰ

আহিছে কেতিয়াবা ৰাৱণৰ কোনো সন্তান

এনে বজ্ৰ ডম্বৰু মহাশংখ

ময়ে আহিছোঁ সৰ্বপ্ৰথম ৰৌৰৱ

স্ফুলিংগ একক অগ্নি হুতাশন

প্রতি প্রশ্বাসে দহনৰ দয়িতাহঁত

ওলাই আহিছে আদিম নৃত্যৰতা

 

মহাপৃথিবীত আকাশৰ নীলা ফণা

তুলি মই আজি ওলাই আহিছোঁ ক্ষুধা

প্ৰতিটো খোঁটত লেলিহান সৰি পৰে

মৰে ভীৰু যত অপুৰুষ অৱনত

 

ওলাই আহিছোঁ শেষবাৰ ম‍ই পথত

 উভতিবৰ পথ পুৰি গৈছে প্ৰশ্বাসত

ন্মুখলৈ আগুৱাম প্ৰান্তৰ ব্যাপী প্রশ্ন

কোন তুমি আদিম সন্ত্ৰাসত উদ্যত

 

আমাৰ নাও তোমাৰ তৃণৰ তুঙ্গত

ৰৌৰৱৰ পৰা কি আনিছা লগত খাদ্য

আমাক দিয়া জঠৰক কৰা শান্ত তৃপ্ত

প্রতিহিংসাত জ্বলি উঠো উদ্দীপ্ত

 

           পুৰুষোত্তম

জীৱন জগাবলৈ আহি বিস্ময় জগালে চৌদিশে;

কি আশ্চর্য দৃষ্টি তেওঁৰ চকু যেন দিগন্তৰ নীলা,

চুলি তীব্ৰ বহাগৰ ব্যাকুল বতাহ চুই আছে

যেন এতিয়াই উৰুৱাই নিব দূৰলেজন্মান্ধ সময়।

আঙুলিৰ মুদ্ৰাবোৰ যিদৰে বাঁহীৰ বিৱৰত

ধৰি ৰখা, যেন কেৱে অন্ধকাৰত আলোকৰ পিপাসা

লৈ পৃথিবীৰ গলিপথত খুজি ফুৰিছে জীৱন।

কণ্ঠৰ কিনাৰত তেওঁৰ সুস্পষ্ট নদীৰ চিহ্ন ৰেখা

যেন লোভী বণিকৰ তীক্ষ্ণ তৰোৱাল সোমাই গৈছে।

আৰু জলদস্যুবোৰৰ দৰে সমুদ্র মন্থন কৰি

তেওঁ আনিছে ৰত্নৰাজি অগ্নি আৰু ক্ৰোধৰ হীৰক ।

 

সন্ত্রস্ত বণিককুল নাহে এই জলপথত আৰু

জীৱনৰ অন্বেষক এই দ্রাবিড় সন্তানৰ ভয়ত

পলায়নপৰ চোৱা সম্পদ লুণ্ঠনকাৰী যত

নীলকৰ শ্বেতহস্তী ৰক্তভূক বুভুক্ষ বণিক।

 

জীৱন জগাবলৈ আহি নীৰৱ নদীত ঢউ তুলি

বিস্ময় জগালে যুৱ প্রস্ততি পৃথিবীৰ বুকুত

উচ্চাৰিত হ'ল অশ্রু, স্বজাতিৰ বেদনাৰ বাঁহী

অস্তিত্বৰ ৰন্ধ্ৰপথত সোমাই গ'ল সুৰৰ ছিস্ফনি।

 

আজি চোৱা নৃত্যৰত পৃথিবীৰ পথে পথে যত

জীৱনৰ অন্বেষক মানুহৰ ব্যাপক বিদ্রোহ;

কিন্তু বিস্ময় জগোৱা সেই আশ্চৰ্য পুৰুষোত্তম

জীৱনৰ সিংহদ্বাৰত নিমাত হৈ আছে কিয় আজি?

 

 সন্ধিক্ষণ

যাৰ অহাৰ কথা আছিল সি অহা নাই

আহিব নে নাই নাজানো

মোৰ মনে কৈছে সি আহিব

এতিয়া মই ইচ্ছাশক্তিৰ ওচৰত সম্পূৰ্ণ সমৰ্পিত

কিন্তু এনুৱা নিৰ্মূল সময়ত কোন মানুহে সমৰ্পণ সহ্য কৰিব

যাৰ মাজত ব্যক্তিত্বৰ বিন্দুমাত্ৰ আছে

 

এবাৰ ধাৰণা হল আজি কেও নাহে

এই কথা ভাবিবলৈও কষ্টত বুকু ফাটি গৈছে মোৰ

বাহিৰত এতিয়া দুঃখভাৰাক্ৰান্ত মেঘৰ মুখেৰে তেজ সৰিছে

'ৰবাত যেন বজ্ৰপাত হ

এই মুহূর্তে কেও নহয় কেও মৃত্যুক আলিংগন কৰিলে

কেও নহয় কেও জন্মক

সেয়া নহ'লে চিৎকাৰ অথবা নৈঃশব্দৰ অৰ্থ কি

কেলেই বা কবিসকলে কোটি কোটি বছৰব্যাপী প্রতীক

প্রযুক্ত কৰিছে

দ্বন্দ্ব সন্দেহত মই যেন নিজকে নিজেই পহৰা দিছোঁ

অপেক্ষাৰ জলৰাশি ক্ৰমান্বয়ে প্ৰতীক্ষাৰ সমুদ্ৰত ঢলি পৰিছে

মোৰ মনৰ মাজত পৃথিবীৰ মহত্তম ব্যক্তিসকলৰ

বাণীসমূহ বিকীৰ্ণ হৈছে

কিন্তু একোতেই উত্তেজনাৰ হাতৰ পৰা

মই ৰেহাই পোৱা নাই

ইয়াত মাথোঁ থিয় দি থকাৰ বাহিৰে, মাথোঁ চাই থকাৰ বাহিৰে

মোৰ আৰু কি কৰিবৰ আছে

 

হঠাৎ ধাৰাবৰ্ষণৰ ঠেলাত

বহুদিনৰ বিশ্ৰুত এটি ৰবীন্দ্ৰ সংগীতৰ ধ্বনি

সমগ্র ইন্দ্ৰিয়ক তিয়াই দি

মোৰ জিভাৰ শলিতাৰ ওপৰত সুৰাগ্নি সংযোগ কৰোঁতেই

সেয়া উদ্দীপ্ত হ; যাক সঁপিলো এই প্রাণ মন দেহ

সিতো নাহিল- সিতো নাহিল.....

এতিয়া মোৰ অস্তিত্বৰ সমস্ত অহংকাৰ

অপেক্ষাৰ জুইত সমর্পিত

মই আৰু পলাবও পৰা নাই

 

নতুন শব্দৰ কবিতা

কিছু শব্দ বহুবাৰ ব্যৱহাৰত জীৰ্ণ হৈ গৈছে

মই তেজশূন্য শব্দবোৰক

নতুন অর্থত জগাই তুলিব বিচাৰোঁ

যেন কলা শব্দটোৰ ঠাইত ৰঙা

বগাৰ ঠাইত হালধীয়া

সেউজ শব্দৰ স্থানত নীলা

আৰু ধূসৰক উজ্জ্বল বুলি উল্লেখ কৰিব বিচাৰোঁ

 

অর্থাৎ মই যদি কওঁ সৌ বস্তুটো কলা

বুজিব লাগিব প্ৰকৃততে সিটো ৰঙা- যদি কওঁ বগা

তেনেহ'লে বস্তুটো অৱশ্যেই হালধীয়াসেউজ ক'লে নীলা

আৰু ধূসৰ ক'লে অৱশ্যেই উজ্জ্বল

30যেনেকৈ গৰু বুলি ক'লে সিংহ বুজিব লাগিব

শৃগাল বুলি ক'লে বাঘ-- বান্দৰ কলে পখী

নদী উচ্চাৰিত হ'লে পাহাৰ

অৰণ্য উচ্চাৰিত হ'লে জুই

মাটি উচ্চাৰিত হ'লে বায়ু- মানুহ উচ্চাৰিত হ'লে পশু

বাঘ বুলি ক'লে শৃগালজুই বুলিলে অৰণ্য আৰু

পশু বুলি ক'লে মানুহ ইত্যাদি

 

এইবাৰ তৈয়াৰী কৰা নতুন শব্দত

এটি সম্পর্ণ কবিতা লেখিব বিচাৰোঁ

যন্ত্ৰণাই যন্ত্ৰণাই জুইৰ পাতবোৰ বগা হৈ গৈছে

সেই বগা পাতৰ আবুৰত সেউজ বান্দবোৰ আৰ্তনাদ কৰে

আৰু উজ্জ্বল মৰা পাহাৰৰ তীৰলেআহি শৃগালবোৰে

তৃষ্ণা মিটায় আৰু ৰঙা পশুবোৰ

মাৰ খাই খাই দিনেদিনে গৰু হৈ উঠে

 

কবিৰ ক্ষমতা

একমাত্র কবিসকলেই ত্যাগ কৰি যাব পাৰে স্বৰ্ণ সিংহাসন

লোভ আৰু খ্যাতিৰ মুখত থুই দি

এক নির্মোহ জীৱন বাছি ল'বলৈ কবিসকলৰ তুল্য কেও নাই

এই অর্থ অনায়াসলব্ধ বিছনাৰ শিহৰণ শয়ন চিঙি

একমাত্র কবিসকলেই ওলাই আহিব পাৰে বাটত

সমুদ্রপুত্ৰ তিমিৰবোৰৰ দৰে স্বাচ্ছন্দ্য স্বাধীন জীৱন লৈ

কবিসকলৰ অহংকাৰ খুব

 

মূৰ্খ প্লেটোৰ বেছ ঈৰ্ষা আছিল কবিসকলৰ প্ৰতি

সি জানিছিল একমাত্ৰ কবিসকলেই তাৰ দৰ্শন

সাৰসত্য ওলোটাই দিব পাৰে

ঈশ্বৰৰ অহংকাৰৰ সমান অংশদাৰীত্ব লৈ

কবিসকলেই মাজ-সময়ে প্লাকার্ডৰ পখী আকাশত উৰুৱাই দিয়ে

আৰু নিৰ্বাসনত যাবলৈ হ'লে কবি নিজেই যায়

স্বেচ্ছায় স্বতঃস্ফূর্ত-- অকলে

কোনো ৰাজাদেশ তাক দণ্ডাজ্ঞা বিহাৰ ক্ষমতা নাৰাখে

 

এইতো সিদিনাও লোৰকা লোহিতাভ দুঃসাহসে

মৃত্যুৰ মূৰত উঠি সভ্যতাক আঙুলি দেখুৱালে

ফিৰদৌচ চুলতানৰ মুখৰ ওপৰত দলিয়াই দিলে

কৰুণাৰ স্বৰ্ণমুদ্রা যত

আৰু স্বৰ্গলে' যোৱাৰ আগতে হেৰাক্লাছ বেঞ্জামিন

অন্ধ কৰি দি গ'ল জিউচৰ শ্বেতাংগ ঈগল

পৰাধীনতাৰ প্ৰতি প্ৰচণ্ড ঘৃণাত অবিনীত নজৰুল

মানি ল'লে মুগ্ধ নির্বাসন

31দৃষ্টান্তৰ দাঁতেৰে কবিসকলে কেতিয়াও পৃথিবীৰ হৃদয় নাকাটে

সিহঁতে প্ৰতিটো সূর্যোদয়ত সংসাৰত

নতুন দৃষ্টান্ত এৰি যায়

আৰু ত্যাগ আৰু তিতিক্ষাত ভৰাই তোলে

মানুহৰ অলেখিত বগা পৃষ্ঠাবোৰ

 

মাৰ্ক চাগাল আৰু মোৰ গাঁও

মার্ক চাগাল

তোমালোকৰ গাঁৱৰ দৰে মোৰও এখন গাঁও আছিল

মোৰ গাঁৱৰ প্ৰৱেশ পথত প্ৰহৰীৰ বিপৰীতে এটি অশ্বত্থ আছিল

গাখীৰতী গাইবোৰে পথৰ কাষৰ ঘনঘাঁহত মুখ ডুবাই

তৃপ্তি তুলি আনিছিল

শস্য চপোৱৰ সমৃদ্ধ ঋতুত কৃষকৰ বেগবান হাতৰ জোন জিলিকি

উঠিছিল মৃত্তিকাৰ আকাশত

তৃষ্ণার্ত দামুৰিবোৰ বাটৰ নিজৰাৰ পৰা আনন্দ পান কৰিছিল

মোৰ পিতা মৌচুমৰ মংগল লৈ হাটলে' গৈছিল

উভতিছিল আইৰ বাবে ইলিচৰ উজ্জ্বল হাঁহি আৰু দিগন্তৰ শাড়ী লৈ

কৃষক ৰমণীসকলে নৱান্ন উৎসৱৰ পিঠাৰ চাউলবোৰ নদীত

স্নান কৰোৱাই আনিছিল

যেনেকৈ কোনো পবিত্ৰ দিনত আমি স্নান কৰি পূৰ্ণপ্ৰাণ হওঁ

সন্ধিয়া আহিছিল সৱ গোত্ৰৰ প্ৰতিনিধিসকল

সিহঁতে পৰস্পৰৰ মাজত সুখ ভগাই লৈছিল

কেও কেও উচ্চকণ্ঠত গীত জুৰিছিল- মন মাজি তোৰ বঠা নিৰে.....

মাৰ্ক চাগাল তোমাৰ গাঁৱৰ লগত মোৰ গাঁৱৰ কি চমৎকাৰ ঐক্য

তোমালোকৰ গাঁৱৰ বোজা বহনৰ বাবে বেছ কিছু গাধা আছিল

আৰু আমাৰ আছিল স্বল্পসংখ্যক বলদ-- অসংখ্য দিন মজুৰ-- ভূমিহীন

সিহঁত ওৰেটো দিন ভূস্বামীসকলৰ চকুৰ ইংগিতৰ মাজত ডুবি থাকিছিল

আৰু তোমাৰ গাঁৱৰ টুপী মূৰত সৌ সান্ত্ৰীৰ দৰে আমাৰ

কেবাজনো গ্রাম্য পুলিচ আছিল যিসকলে নিৰপৰাধ মানুহবোৰক

চহৰৰ ফাটেকত চালান দিছিল

কান্দোন ভাৰাক্ৰান্ত সিহঁতৰ মাকহঁতৰ মূৰ বহুদিনলৈকে

চহৰৰ উপকণ্ঠত দোঁ খাই আছিল-- যেনেকৈ উপকূলৰ শূন্য বুকুত

জাহাজবোৰ অপেক্ষা কৰে

 

তোমাৰ গাঁৱৰ কৰ্মৰত ৰমণীবোৰৰ দৰে অনেক নাৰী আছিল

আমাৰ গাঁৱত

সিহঁতৰ স্তনৰ পৰা দুগ্ধৰ পৰিৱৰ্তে শ্ৰমসমৃদ্ধ লুণীয়া ঘাম সৰিছিল

আৰু এদল কৃষক কুঁৱলী আচ্ছন্ন পথ কাটি সূর্যোদয়ৰ আগতে

খেতিৰ ফালে আগুৱাই গৈছিল যেন অসংখ্য গেৰিলা কেমোফ্লেজ

দলিয়াই আগুৱাই গৈছে

কিন্তু কোনো কল্যাণেই ভূমিহীনসকলৰ ভেটিত প্ৰৱাহিত হোৱা নাছিল

দিনৰ পাছত দিন আমাৰ গাঁও নিঃস্রোত নদী হৈ উঠিছিল

আমি অনাহাৰ আৰু হাহাকাৰৰ মাজত বাঢ়ি উঠিছিলোঁ

দাঁতৰ দৰে চিক্‌চিকীয়া মাছ উঠিছিল জালত আৰু ট্ৰাকৰ ডেউকাত বহি

সিহঁত উৰি গৈছিল চহৰৰ আকাশত-- আমি দেখিছিলোঁ আৰু

ইঞ্জিনৰ শব্দত বোবা হৈ গৈছিলোবহু দূৰত টোপনিৰ পৰা জাগি

উঠা চহৰসিংহ গৰ্জন কৰি উঠিছিল- শ শ ইঞ্জিনৰ শব্দ

শিল ভঙাৰ গান আৰু ধোঁৱা আৰু মচলাৰ অট্টহাঁহিত আমি

আতংকৰ মাজত সোমাই পৰিছিলোঁ- যেন আলাউদ্দিনৰ আশ্চৰ্য

প্ৰদীপৰ বলত দীর্ঘ দৈত্যবোৰে অসীমৰ ফালে মূৰ থিয় কৰি থিয় দিছে

আৰু নিজৰ অজান্তে

ক্রমান্বয়ে আমি দৈত্যৰ মুঠিৰ মাজত উঠি গৈছিলোঁ--

 

চাগাল মোৰ গাঁৱখন এতিয়া চহৰ সিংহৰ উদৰত আৰু মই সেই দৈত্যৰ

বিশাল মুঠিৰ মাজত বহি আশ্চৰ্য প্ৰদীপটো খুজি ফুৰিছোঁ

 

নিজৰ বাবে নহয়

কিহৰ বাবে ভয় হৈছে নিজৰ বাবে নহয়

যুদ্ধ চলক ভাল লাগিছে বিজয় পৰাজয়

হৈছে যেতিয়া হওঁকচোন বাৰু আনন্দ ক

থিয় দি আছোঁ ভাল লাগিছে তেমূৰা ৰাস্তাত ।

ভঙা কাঁচৰ তৰোৱাল লাগি যকচোন কাটি পাও,

 তেজ সৰক ভাল লাগিছে জন্ম অথবা-

মৃত্যু যদি আৱৰি ৰাখে সমগ্ৰ ৰাস্তা;

এক ধৰণৰ লোক আছে কান্দি পেলাব হুমুনিয়াহ!

খোজ কাঢ়িব পাৰোঁ যদি

পুনৰ তাৰাতাৰি

বোল সলাই মোৰ বাবে ৰটাই দিব- হেল্লো,

চাওঁকচোন এজন মানুহে কেনেকৈ বীৰত্ব দেখুৱালে ?

 

কিহৰ বাবে ভয় হৈছে নিজৰ বাবে নহয়,

ভাল লাগিছে যুদ্ধ চলক বিজয় পৰাজয়-

কিবা এটা হবতো ঠিক হ'বই লাগিব- হাঁ

মই তেতিয়া মানুহ মাতি কম চাই যা

 

 ময়ে একমাত্র

আজি কাৰো প্ৰাণৰ পোতাশ্রয়ত

কোনো আশাৰ জাহাজ লঙৰ নেপেলায়

বেদনাৰ বিমানৰ পৰা অনবৰত বুলেটৰ বৃষ্টি হৈছে

ধৈর্যহীন ধোঁৱাৰ কুণ্ডলীৰ পৰা উদ্‌গত ফেনাৰাশি

প্রত্যেকৰ চকুৰ চিমনিত

বিন্দু বিন্দু কালিৰ ফোঁটা লেপি দিছে

 

ভয়ত সৱে নগৰ এৰি পলাইছে কত মূল্যবান আচবাবপত্র

অলংকাৰ আৰু ৰত্নৰাজি যিবোৰ এসময়ত

জীৱনতকৈও দামী আছিল

আজি সেয়া ইমান মূল্যহীন

মাথোঁ প্ৰাণটোই নিজস্ব আৰু একমাত্র

কিন্তু এই পলায়ন কি মৃত্যুৰ ভয়

নে ভয়ক অতিক্রম কৰাৰ প্ৰয়াস

মই ক'লৈকো যোৱা নাই

কাৰণ মোৰ এনে একোৱে নাই

যিবোৰ পেলাই মই পলাব পাৰোঁ

আৰু এই প্ৰাণ কি মোৰ অধীন

তেনেহ'লে ভয়ে বা কিহৰ বাবে

তেনেহ'লে এই প্রাণ কাৰ

সেয়া কি ঈশ্বৰৰ নে মোৰ

যদি ঈশ্বৰৰ হয় তেন্তে মই পলাব লাগিব

কাৰণ তাক মই কেতিয়াও দেখা নাই

কিন্তু যদি মোৰ হয় নপলাওঁ

কাৰণ জন্ম আৰু মৃত্যুৰ সমস্ত দায়িত্ব মোৰ

ইয়াৰ বাবে ময়ে দায়ী- ময়ে একমাত্র

 

 

দান্তেৰ নৰক আৰু ঘৰৰ মালিক

আমি ওপৰত থাকোঁ

ত্ৰিছযোৰ ভৰিৰ শব্দৰ ওপৰত

তলত এজন বৃদ্ধ থাকে বিপত্নীক

আমাৰ ঘৰৰ মালিক

দুটা সন্তানসহ তাৰ এখন নিৰীহ সংসাৰ

সংসাৰত বাক্যহীন তিনিটা পুতলা প্রাণী নির্বিবাদে থাকে

সূর্যোদয়ৰ আগত সন্তান দুটা যায় বিভিন্ন স্কুলত

অৱসৰপ্ৰাপ্ত এই বৃদ্ধ চার্জেণ্ট অকলে থাকে

অকলেই বহি থাকে

ওৰেটোদিন সংবাদৰ সমুদ্ৰত সাঁতোৰে

সূৰ্যাস্তৰ পাছত উপকূললেউঠি আহে

উপকূলত অন্ধকাৰ পাশৱ হতাশা

পথৰ পৃষ্ঠাত জ্বলে আনৱিক ড্রাগন

এক অন্তগত বিষাদৰ ছায়া তাৰ ভ্ৰুপল্লীব্যাপী শুই থাকে

 

অত কি বিষাদ তাৰ অত কি হাহাকাৰ বুকুত

স্ত্ৰীৰ দায়িত্ব নাই মাথোঁ দুটি ছোৱালী

হয়তো সিহঁতৰো প্ৰেমিক আছে প্রফুল্ল প্রতিবেশীৰ কেও

ভৱিষ্যত ভাবনাহীন এই বৃদ্ধক

অর্ধযুগ হ'ল মই হঁহা দেখা নাই

দেখিছোঁ মাহৰ শেষত এটি পাণ্ডুৰ হাত দীৰ্ঘ হৈ যায়

34তলৰ পৰা দীৰ্ঘ হৈ মোৰ পকেটত সোমায়-- পাঁজৰত সোমায়

আকৌ সেই হাত ক্লান্তিত দোঁ খাই পৰে প্রাত্যহিক প্রত্যহৰ প্ৰতি

 

প্রতিদিন পৃথিবীত সূর্যোদয়ৰ খুব আগয়ে খোলা দুৱাৰত

বৃদ্ধজনে আবৃত্তি কৰে দান্তেৰ নৰকযন্ত্ৰণা

তথাপি কাৰো ভয় নাই কৌতূহল নাই

এনেকি তাৰ ছোৱালী দুজনী ভ্রূক্ষেপহীন যায়

গভীৰ নিঃশব্দে যায়

আৰু ছিৰিত শব্দহীন ম‍ই.....

মই যাওঁ কর্মব্যস্ত পাতালৰ ফালে

অৱহেলাজনিত ক্ৰোধত আৰু হিংসাত

এদিন প্ৰৱল ৰাতিপুৱা

বৃদ্ধজন অকস্মাৎ মোকেই ঠেলা মাৰি পেলাই দিলে

দান্তেৰ প্রজ্জ্বলিত বিশাল নৰকত

 

ঘৰ

এয়া প্ৰথম ধাৰণা হ

মোৰ ঘৰটোৰ আকৃতি খুপৰিৰ দৰে মনুষ্য অনুপযোগী

মৌবাহৰ দৰে ক্ষুদ্ৰ প্রকোষ্ঠত

অতিবাহিত কৰিছোঁ জীৱনৰ দীৰ্ঘ সময়-- ভাবোঁতেও দ্বিধা

 

'ত থিয় দি প্রকৌশল ভংগিমাত

আশ্চৰ্য পৰিমাপ সম্পূৰ্ণ হ'

সেইটোৱে একমাত্র পথ ঘৰত প্ৰৱেশৰ অথবা প্ৰস্থানৰ

এতিয়া মোৰ বোধত ভয়ানত গ্লানিকৰ দ্বিধা

বহু ঘটনাৰ সাক্ষী প্ৰিয় ঘৰটোৰ প্ৰতি ভীষণ অনীহা

মোৰ পক্ষে সহজ অনুগমন সম্ভৱ নহয়

 

এই এটি মাত্ৰ ঘৰৰ বাহিৰে

মোৰতো পৃথিবীত আৰু কোনো আশ্রয় নাই

তথাপি প্ৰৱেশৰ অন্তৰায় দ্বিধাৰ দেৱাল

এটি চর্ত সাপেক্ষে প্ৰৱেশ সম্ভৱ

পুনৰ্বাৰ ঘৰটোৰ ব্যাপক নির্মাণ

যদিও আণৱিক সভ্যতাত

ধ্বংস আৰু নিৰ্মাণৰ প্ৰাৰম্ভিক চেহেৰা সাদৃশ্যময়

 

দেৱাল

আমি এটি দেৱালৰ কাষত আহি থিয় দিছোঁ

উচ্চতা সূৰ্যৰ দূৰত্বৰ সমান

অগ্রগমনৰ বাটত এইটোৱে শেষ অন্তৰায়

 

অৱস্থা এনেকুৱা যেন দেৱালটো স্থাপিত

আমাৰ কান্ধৰ ওপৰত

যিদৰে হেগেলৰ মূৰত এটা সময়ত পৃথিবীখন আছিল

নিঃসংগ তিনি

ঘুৰি থিয় দিয়াৰ শক্তিকণো হেৰুৱাইছিলোঁ

আমি সন্মিলিতভাবে

দেৱালটো কান্ধৰ পৰা পেলোৱাৰ দায়িত্ব লৈছোঁ

কিছু আহার্য সামগ্ৰী –– ৰচদ সম্ভাৰ

আৰু সুপ্ৰিয় কাব্যগ্ৰন্থ আমাৰ সহায়ক হ

 

দায়িত্বত নিয়োজিত জীৱনৰ দীৰ্ঘ সময়

কাটি গলে দুঃখ নাই—— ক্ষোভ

 

আমি দেৱালতকৈও ওখ- আল্পচতকৈও

নেপোলিয়নৰ দৰে এই ধৰণৰ যথাৰ্থ উচ্চাৰণ

ওভতাই দিব আমাৰ দীপ্ত যৌৱন

 

মানুহৰ অপেক্ষাত আছে

তোমালোকতো ইমান সময় ওলাই যোৱাৰ কথা

বয়সৰ ওচৰা-উচৰি বহুতো ৰাতি হ

মানুহ এতিয়াও জানো অপেক্ষাত আছে

 

যি ভোক পৃথিবীৰ যাৱতীয় সংঘাতৰ মূল

অপেক্ষাৰ যন্ত্ৰণা তাকো অতিক্ৰম কৰি

তথাপি জীৱনব্যাপী বহুতেই অপেক্ষাত থাকেথাকেই

 

আদিবাসী বীৰচাৰ অপেক্ষাত

বিশাল অৰণ্য হোঁ হোঁ কৰি কান্দি উঠিছিল

পৃথিবীৰ তিনি চতুর্থাংশ লোক এতিয়াও কান্দিছে

তোমাৰ অপেক্ষাত থাকি

কোনেও যে কন্দা নাই কবা কেনেকৈ

 

নির্দেশ

আয়ে কলে- খিড়কীটো খুলি দে বাছা

বৃষ্টিৰ বাষ্পত ঘৰ আচ্ছন্ন আন্ধাৰ হৈ আহিছে

 

আই, বৃষ্টি এতিয়াও এৰা নাই- মই ক'লো

বাহিৰত বিৰামহীন বিদ্যুৎ চমক

যিকোনো মুহূৰ্তত আমাৰ আশ্ৰয় খহি পৰিব পাৰে

মোৰ কথাত সন্ত্ৰস্ত ঘৰৰ আটায়ে কলে

লা ওলাই যাওঁ-- বৃদ্ধ দেৱালত বিশ্বাস নাই

মই ক'লো বাহিৰত সান্ধ্য আইন-- কেনেকৈ ওলাবা

মাজে মাজে গ্ৰামৰ ক্ষুধার্ত কৃষকসকলে চহৰ আক্ৰমণ কৰিছে

সিহঁত সংখ্যাত বহুত-- - নগৰৰক্ষীবোৰ সম্ভৱতঃ পৰাজিত হ

 

উৎকণ্ঠাত আটায়েৰে জিভা শুকাই কাঠ হৈ গ'

চহৰ আক্ৰমণ কৰি কি লাভ

লো-- সিহঁতে চহৰৰ দখল নিব বিচাৰে-- নিজৰ শ্ৰমৰ সঞ্চয়

প্রয়োজনত আমাক হত্যা কৰিবলৈও দ্বিধা নকৰে

 

আয়ে কলে- গ্ৰামৰ কৃষকসকল অত্যন্ত সৰল

সিহঁত ইমান নিৰ্মম নহ

তদুপৰি মইতো গ্ৰামৰে ছোৱালী

সিহঁতে নিশ্চয় মোক চিনি পাব

 

মোৰ কনিষ্ট ভনীৰ বিশ্বাস

যিজন তৃষ্ণার্ত কৃষকক তাই এদিন পানী দিছিল

সি তাইক ৰক্ষা কৰিব

স্নিগ্ধ সহোদৰে কলে

এজন ক্ষুধার্ত কৃষকক ম‍ই ৰুটিৰ বাবে

কিছু খুচৰা পইচা দিছিলোঁ

সি যদি দলৰ মাজত থাকে

অন্ততঃ মোক হত্যা নকৰে

এইবাৰ আটায়ে চালে মোৰ ফালে

কিন্তু নিজক ৰক্ষা কৰাৰ দৰে কোনো

সান্ত্বনা মোৰ নাই এয়া জনাৰ পাছত

আটায়ে মোক খিড়কী খোলাৰ বাবে নিৰ্দেশ দিলে

 

কবিৰ শক্তি আছে

কবিৰ শক্তি আছে উপগত হৈ

সত্যৰ সংজ্ঞা জানি লওঁ

 

দৃশ্যতকৈ নিৰ্মম সত্য আছে ঘৃণাৰ ভিতৰত

স্বপ্নতকৈ তীক্ষ্ণ আলোক থাকে আকাংক্ষাৰ তৃণত

 

মানুহৰ অস্তিত্ব দ্বন্দ্ব আৰু বিৰোধৰ

মধ্যৱৰ্ত্তী অৱস্থান কৰিও সময়ৰ শীৰ্ষত বহি থাকে

ভালপোৱাৰ শিকলিত বিশ্বাস বন্দী হৈ থাকে তথাপি

মাজে মাজে জোকাৰ দিয়ে প্রচণ্ড জোকাৰণি

বর্তমান কঁপি কঁপি সোমাই পৰে ভৱিষ্যৰ উদৰত

 

কবিৰ আদেশ অমান্য কৰে এনে শক্তি কাৰো নাই

কবিৰ আদেশত অতীত পুনৰায় জন্মলাভ কৰে

সুউচ্চ পর্বতশ্রোণী প্রার্থনাৰ দৰে নতজানু হয়

মৃতকবোৰো শাৰীৱদ্ধ উঠি আহে উত্থানৰ দৰে

মুহূর্ত শতাব্দীবোৰ সভ্যতাৰ পাদদেশত কালৰ

দৰে থিয় দি থাকে অলৰ

 

একক অপ্রতিদ্বন্দ্বী

সেই বিনাশহীন শক্তিৰ ওচৰত মই অৱনত হ

 

 

ঘৃণাহীন ঘৰলে' উভতিছোঁ

এসময়ত যি নগৰক মই ইলেকট্রিক তাঁৰৰ শাসনত

সচকিত জীৱনান্দৰ দৰে ঘৃণা কৰিছিলোঁ- অমান্য

আজি সেই নগৰৰ প্ৰতিটো দৃশ্যই মোক আন্দোলিত কৰিছে- অভিভূত

এসময়ত এই নগৰৰ যিবোৰ দেৱালৰ গাত নীলা ছবিৰ বেগৱতী

নায়িকাসকলৰ বিজ্ঞাপন ওলমিছিল- নগ্ন ইচাৰা

এতিয়া তাত নাজিমৰ কবিতাৰ কে'বাটাও চৰণ চিক্‌মিক্‌

কৰিছে - প্রিয়তমাসু

যিবোৰ উদ্যানৰ সৌন্দৰ্য ভোকৰ ওচৰত সম্পূৰ্ণ নতজানু আছিল- সমর্পিত

এতিয়া তাৰ ঘাঁহে ঘাঁহে শিশুহঁতৰ সজীৱতা ঘনীভূত হৈছে- আবেগ

সেইবোৰ ধাৱমান যানৰ অশিষ্ট আচৰণত বিক্ষুব্ধ হৈছিলোঁ- বিষণ্ণ

সেইবোৰৰ সুভদ্ৰ শব্দত মই এতিয়া পথ কৰি লৈছোঁ- গমনৰ অপূৰ্ব সুযোগ

 

আজি শ্ৰমিকসকলে চিনেমাত নীলা নষ্ট মুদ্ৰাৰ ফালে

এটি পইচাও আৰু দৌৰিবলৈ দিয়া নাই-- পলাবলৈ

সিহঁতে প্ৰিয়তমাৰ নিটোল হাঁহিৰ বাবে সুলভে

সৌন্দর্য কিনিছে গোলাপৰ গৰ্ব

এসময়ত যি প্ৰেছক্লাৱৰ কাৰ্ডৰোম নিংসংগ সময় ক্ষেপণৰ উপমা আছিল- আশ্রয়

আজি সেয়া বিনোদনৰ অভিজাত মাধ্যম হিচাপে ব্যৱহৃত- স্বীকৃত

বিষণ্ণ বাৰবোৰো আজি দ্যুতিময়

এতিয়া তাত শ্ৰমজীৱীৰ স্বপক্ষে বিধান ৰচিত হৈছে- সামাজিক ন্যায়

 

অভিজাত ৰেস্তোৰাঁত শ্রমিক দম্পতিসকলে আহাৰ্যৰ টেবুল ব্যাপী

মুৰগিৰ মাংস চোবাইছে- চালাডৰ আনন্দ

আৰু সিহঁতৰ হৃদয়ৰ ইছবদানা ৰবচনৰ সুৰৰ মাজত

সম্পূর্ণ নিমজ্জিত ৰাখিছেতিয়াই

কেবাৰেবোৰত ঐতিহ্যৰ আৱহ আন্দোলিত হৈছেউজ্জ্বল আৱৰ্তিত

অডিটোৰিয়ামৰ পৰা জলদ গম্ভীৰ আবৃতি ভাহি আহিছেশ্ৰোতাৰ

মুগ্ধ কৰতালি

 

আৰু কি আনন্দ

38আজি জেব্রাক্রসিংহৰ নিৰাপত্তা দি

অনেক অংসখ্য সংগ্রামী মানুহৰ লগত

মই ঘৃণাহীন ঘৰলে' উভতিছোঁ- নিৰুদ্বিগ্ন

 

ঝঞ্জা আৰু ধুমুহাত মই আছোঁ তোমাৰ নৌকাত

এজাক বালিহাঁহ উৰাৰ দৰে জাল সিঁচৰতি হৈ

পৰিল পানীৰ আকাশত

জালোৱাৰ হাঁহিৰ দৰে উজ্জ্বল মৎসকন্যা উঠি আহিল জালত

সোণালী চকুৰ গৰ্ভৱতী চিতলৰ মুখ দেখি

জালোৱাজনৰ মনত পৰিল নিজৰ স্ত্ৰীৰ কথা

আবেগে আলফুলে স্পৰ্শ কৰিব বিচাৰিলে সি

ৰূপহী মৎসকন্যাৰ শৰীৰ

যেনেকৈ বাসৰৰাতি চুইছিল পূৰ্ণিমাৰ গ্ৰীৱা

হাওলি পানীৰ পৰা মাছটোক তুলি আনিবলৈ গৈ

তাৰ কাণৰ ওচৰত ফুচফুচাই ক'লে- তায়ো

আছিল এনেকুৱাই সুন্দৰ

বেদনাত ন্যূব্জ বুকু তাৰ চকুৰ পৰ্দাত দুলি উঠিল

 ভয়ঙ্কৰভাবে হাঃ হাঃ অট্টহাঁহি- পিশাচৰ ভৰি

পূৰ্ণিমাৰ ভাঙি যোৱা চুৰীৰ চিকাৰ

তেতিয়াৰ পৰা দীৰ্ঘদিন পানীৰ জৰায়ু চিঙি-অন্ধকাৰ চিঙি

ৰৌদ্ৰদগ্ধ কলা দেহ- প্রভুহঁতৰ ৰক্তচক্ষু-ক্ষুধা উপেক্ষা কৰি

নিঃসংগ নৌকা বুকুত দিবানিশি ঢাপলি ফুৰা যেন দান্তেৰ

অগ্নি সমুদ্ৰত ঘূৰি ফুৰিছে অভিশপ্ত প্রেতাত্মাৰ দল

আৰু নিয়তিৰ মাজৰ পৰা উঠি আহি সিহঁতৰ তৃষ্ণাত

ব্লেকৰ চয়তানবোৰ বিশাল পিপাৰ পৰা ঢালি দিছে মদৰ জুই

এটি প্ৰৱল ঢউ আহি জালোৱাৰ নৌকা আঁতৰাই পঠালে

দূৰ দিগন্তৰ ফালে

জালোৱা পুনৰ মাছটোক তীব্ৰ মমতাত তুলি আনিলে বুকুৰ ভীষণ কাষত

ত স্মৃতিৰ গন্ধ বুদ্বুদৰ দৰে জ্বলে আৰু নিভে

 

আজি তাৰ জাল আছে-নদী আৰু নৌকা আছে মৎস্য খামাৰসহ

ন্যায্যমূল্য আছে- কৃতী মৎসশিল্পী বুলি গৌৰৱ হাতত লৈ

বহুবাৰ মঞ্চত থিয় দিছে

তথাপি তাৰ ধাৰণা হ'ল আজি যদি এনেকুৱা ধৱল জ্যোৎস্নাত

পূৰ্ণিমাৰ পানীৰ বুকুৰ পৰা মৎসকন্যাৰ দৰে জাগি উঠিলহেঁতেন

আৰু তাক মাতি কলেহেঁতেন, কিহৰ দুখ হে' মৎসপুৰুষ

মইতো এতিয়াও মৎস খামাৰত মোৰ স্মৃতিত গঢ়া

সৌ ভাস্কৰ্যৰ ভিতৰত জীৱিত- মোক স্পৰ্শ কৰা- চোৱা

মই সৰ্বদা ঝঞ্জা আৰু ধুমুহাত আছোঁ তোমাৰ নৌকাত

 

খোলৰ বোলৰ অনুপাত

আত্মমগ্ন কাৰ খোল বোল তোলে স্তব্ধ মাজনিশা ঘেৰি

সৱ গ'ল.. সৱ গ'ল.. সৱ গ

 

 

টোপনি ভাঙে ঈভ আৰু ঈশ্বৰৰ

শ্বাপদ আৰু শিয়ালৰ চকুৰ পৰা চিকাৰৰ লোভবৃষ্টি সৰে

ত জমে মেঘ- অগ্নিকোণে অশুভ ইংগিত

নগৰ নাশৰ শব্দত সৱতকৈ নিদ্ৰাতুৰ দেৱতাৰ চকুৰ পলক

বিচ্ছেদত নদীৰ দুকূল হয়

সৌ খোল বোল তোলে ওলোটাই দিয়ে স্বর্গমর্ত্য্য আলোক অন্ধকাৰ

ফিৰি যা.. ফিৰি যা.. ফিৰি যা

কিন্তু কোনে ক'লৈ যাব

পথ ফটা পিছফালে কঠিন ক্ৰুছ- সন্মুখত ৰৌৰৱ

নগৰ নাশৰ শব্দত খোলৰ বোলৰ অনুপাত

ক্রমাগত আৱৰ্তিত হয়

এই সময়ত অগ্রগমন অথবা প্ৰত্যাৱৰ্তন অসম্ভৱ

 

খোল মাথোঁ বোল সলাই সন্ত্রাস বিয়পাই দিয়ে মনোভূমিময়ঃ

চকু মচা.. চকু মচা... চকু মচা

কিন্তু কাৰো চকু নাই

হাত নাইবা বেলেগ সৱ প্ৰত্যংগ অদৃশ্য

মাথোন ভূ-স্বামীৰ শ্ৰৱণ শক্তি এতিয়াও প্ৰখৰ

মাথোঁ তাৰেই হেৰুৱাৰ হাহাকাৰত

প্ৰকৃতিৰ চকু ফাটি অংকুৰিত উদ্ভিদৰ দল

খেদি আহিছে পিপাসাৰ দৰে

 

 

মন্ত্রদ্রষ্টা খোল বোল আৰু ৰুদ্ৰ হয়

খোল বাজে বজ্ৰ চেৰাই

সৱ গ'ল...সৱ গ'ল...

 

           টেম

আকাশ আৰু মাটিৰ ব্যৱধানত এজন

নগ্ন মানুহ শুই আছিল, শিল্পী তাক ব্যৱচ্ছেদ

কৰিলে দৃষ্টিৰ তীক্ষ্ম ছুৰীৰে

 

বিভিন্ন প্ৰকাৰে ব্যৱচ্ছেদকৃত প্রতংগসমূহ

পুনঃস্থাপন কৰিবলৈ গৈ শিল্পী দেখিলেঃ

চকু-প্রৱাহিত নদী

দাঁত-তীক্ষ্ণ তৃষিত পর্বত

বাহু-বিশাল অৰণ্য

ভ্রূ-বংকিম চন্দ্ৰ

মুখ-কোমল আকাশ

হৃদপিণ্ড-সেউজ মৃত্তিকা

প্ৰতিটো অংশৰ ভিতৰত শিল্পী প্রত্যক্ষ কৰিলে

নিজৰ শৰীৰ আৰু স্বদেশ

 

তাৰ পাছত প্ৰত্যংগ যোজিত হ

তৈৰী হ'ল অস্তিত্বৰ বিশাল টটেম

 

অনাদৃত কবিতাৰ বাবে

মোৰ অনাদৃত চিঙা কবিতাটো

কত বিচ্ছিন্ন বেদনা লৈ সজোৱা শব্দাৱলী

ছিন্ন-ভিন্ন শুই আছেমুক্তিযুদ্ধত দগ্ধ বাংলাদেশ

যেন অপ্ৰেমৰ অন্ধকাৰত পুনৰ থিয় হ'ব খোজে মল্ল মেঘনাদ

ঠাই নাই-- ভাৰত সমুদ্রভূমিত সন্দেহৰ চোৰাস্রোত ঘোৰত

চোৰাবালিত চঞ্চু ঘঁহি স্বপ্নৰ ডেউকাত

ভূমিহীন বেদনাৰ বিষত নীলা শব্দৰাজি

আক্রোশৰ তীক্ষ্ণ দাঁতে কামুৰি দিয়ে আকাংক্ষাৰ হাত

অবিৰল ৰক্ত সৰে যেন বিচূৰ্ণ দোৱাত

 

ইতিহাসৰ বাহিৰে আৰু কোনে সহ্য কৰে ৰক্তপাত

আৰু কোনে নিশা জাগি অভিমান অধ্যয়ন কৰে

চিঙা কবিতাৰ প্ৰতি তীব্ৰ মমতাত

প্রভু পিতা এই মোকেই অস্বীকাৰ কৰি ইতিহাস

হা হতোস্মি

ম‍ই প্ৰভু পিতা

বেলেগৰ ইচ্ছাত সৃষ্টিক চিঙিছোঁ তীব্ৰ উৎসৱৰ মোৰগৰ দৰে

কিন্তু কিয় এই ভূমিকা গ্রহণ- এই নির্মম হৃদয় হনন

সৌ সৌন্দর্য শাসকবৃন্দ জানে সৌ মধ্যবিত্ত দেৱাল জিভা

মাথোঁ আত্মসন্মানৰ ভয়

কবি আৰু অমৰত্বৰ লোভত জিৰাফ হৈছোঁ- দীৰ্ঘ কৰিছোঁ গ্ৰীৱা

চান্দমুখত চুমা খাম বুলি সৌ

লা কবিতা হত্যাৰ প্রলোভন এৰুৱাব পৰা নাই

 

এবাৰ পাৰিছিল কপোতাক্ষৰ কবি মধুসূদন

বলৈ নিৰ্দেশ দি নিজৰ পুত্ৰৰ

পৰিচয় কৰোৱাইছিল পথিকৰ লগত গর্বভৰে

মই ভীৰু কিছু সুযোগ সন্ধানী বুলি

স্বাৰ্থপৰতাৰ ছিৰি চেৰাব পৰা নাই

চিঙিছোঁ বাষ্পাৰুদ্ধ নিজৰ নিষ্পাপ সৃষ্টি কুশলী ভংগীত

যেন কেও বুজিব নোৱাৰে

ভিতৰত বেদনা আছে- পক্ষপাত আছে

 

 স্ত্ৰোত্ৰ

আমাৰ ইচ্ছাত প্ৰচুৰ শিশিৰৰ স্বেদ জমি আছে

মৰুভুৰ সূৰ্য কিৰণে সেয়া শুকোৱাব নোৱাৰে

স্বপ্নৰ শিপাত আছে আদিবাসী অৰণ্যৰ গান

পৰশুৰামৰ কুঠাৰৰ আঘাতত সেয়া স্তিমিত নহয়

 অস্তিত্বত মহেঞ্জোদাৰোৰ মৃৎপাত্ৰৰ প্ৰতিভা

উদ্দালক জলৰ আক্রোশত সেয়া অপসৃত নহয়

আমাৰ জিভাত হালাল পশুৰ মঙহলৱণৰ মিঠা উৎসৱ

আমি পাহৰা নাই আজিও নক্সীকেঁথাৰ স্বপ্ন

লোকগাঁথা-আইতাৰ ৰূপকথা

ৰাক্ষস নিধনৰ প্ৰকৃত গোপন কৌশল

 

আমাৰ মনে মনে মচলিন- কুটীৰ শিল্প

তাঁতৰ শব্দত আছে তিতুমীৰ- সূর্যসেন মাষ্টাৰ দা

আমি জানো পঢ়া নাই সেই দীনেশ দাসৰ চিঠি

সাহসৰ সোণালী হৰফ

 

পাহৰি গৈছোঁ বায়ান্নৰ অনুভৱ সাতাৱনৰ স্মৃতি

পেয়াৰা বাগানৰ পৰা উৎকলিত আত্রাই আবেগ

আমি জানো ধোৱা নাই মুখ শীতলক্ষ্যাৰ পানীততেজ ৰঙা হাত

আমাৰ লোক ইতিহাস জানো

প্ৰগতিৰ পুৰোহিত- চিত্ৰৰা হৰিণা

আদিগন্ত আকাংক্ষা জীৱনৰ গছা- শ্ৰেষ্ঠ উষ্ণতা

আমাৰ চেতনাত আজিও এক কাৰুশিল্পী

নিদ্রাহীন কাজ কৰে স্বাধীনতা লৈ

আজিও দেখোঁ পথৰ অন্ধকাৰত আঁকা হয়

ৰাতিপুৱাৰ ৰঙীন প্ৰচ্ছদ

আমি জানো নোৱাৰিম পাৰ হ'ব ভাঙোনৰ ভয়ংকৰ গ্ৰাস

আবৃত্তি কৰিব সেই স্বজাতিৰ স্তোত্ৰ- কবিতা

 

 

স্তব্ধতাৰ শত বছৰ পূৰ্তিত

এতিয়া স্তব্ধতাৰ বাহিৰে একো নাই

নৌকাবোৰ স্থিৰ

কপোতাক্ষৰ পানীত শিকলি পৰিছে

এজন মাজি নাই কঠিন হাতত বঠা ধৰিবলে

কাৰ শক্তিহীন হাত নিস্তেজ হৈ পৰিছে উপকূলত

পালত হাৱা নাই ৰচিবোৰে আত্মহত্যা কৰিছে

এজনী বোৱাৰীও নাই যে আহিব কলহ ডুবাবলেএই পানীত

ৰঙা শাড়ীত যাৰ জ্বলিব সূর্যোদয়ৰ সাতসৰী

এটি শুকান পাতও নাই

নৌকাৰ অনুকৰণ কৰিবলে' কপোতাক্ষৰ বুকুত

তথাপি কিবা উচ্চাৰিত কৰিবপৰা গ'লহেঁতেন

হে' মৰ্মাহত কবি কি দুঃসময় হাহাকাৰ

হুতাশন যুক্ত হ'ল তেজশূন্য জীৱনগ্ৰন্থত

 

কান্দিবৰ উপায় নাই

উচ্চাৰণযোগ্য সৱ স্তোত্ৰৰ প্ৰতি

মানুহবোৰে আস্থা হেৰুৱাই মাথোঁ

ক্রুদ্ধ শেনৰ নখৰদীপ্ত নিশ্চুপে চাই আছে

দিগন্ত যদি কোনো ধাতৱ হ'লহেঁতেন

ইমানপৰে মমৰ নিয়মে গলি গৈ মাথোঁ

ভষ্মস্তুপৰ বাহিৰে একো নাথাকিলহেঁতেন

যেনেকৈ এতিয়া এই স্তব্ধতাৰ বাহিৰে একো নাই

এজোপা বৃক্ষও নাই যাৰ শিপা

কপোতাক্ষৰ ফালে তৃষ্ণা বিয়পাই দিব

 

তৃষ্ণা কি উত্তেজক উচ্চাৰণ ইতিহাসবিদিত

এই খাক্লিষ্ট দেশত তৃষ্ণাৰ বাহিৰে আৰু

কি প্ৰাৰ্থনা কৰিব পৰা যায়

তৃষ্ণা এজন মানুহক পানীৰ কাষলে' লৈ যাব পাৰে

তৃষ্ণা এজন মানুহক চিৎকাৰৰ অধিকাৰযোগ্য কৰি তোলে

তৃষ্ণা স্বাধীনতা নামক প্ৰস্ৰৱনৰ পথ খুজি দিয়ে

আৰু এতিয়া এই নিস্তব্ধতাৰ মাজত

তৃষ্ণাই আমাৰ একমাত্ৰ সহায়

সমুদ্ভাসিত শিল্প আৰু যুদ্ধ

হাহাকাৰ আৰু গৌৰৱ

চিৎকাৰ আৰু মৃত্যু

জন্ম আৰু অনিবাৰ্য

কিন্তু হে' মৰ্মাহত কবি

আমাৰ উত্তৰাধিকাৰৰ ভূমিত ভাঙোন আৰম্ভ হৈছে

সমস্ত স্তব্ধতাৰ মাজত এই ভাঙোনৰ এটি বুদ্বুদো নুলাল

স্বেচ্ছা নির্বাসনত শিলচেপা নিৰক্ত ঘাঁহৰ বাহিৰে

আমাৰ জীৱনৰ যোগ্য উপমা ক

যেতিয়া লগৰীয়াবোৰেও এজন এজনকৈ মৃত্যুমুখত ঢলি পৰিছে

 

ভোক আৰু অৱসাদ

মৃত্যু আৰু পৰাজয়

গ্লানি আৰু হতাশাৰ পৰা যদি

কপোতাক্ষ আৰু শীতলক্ষ্যাৰ সন্তানগণ

মেঘনা আৰু পদ্মাৰ পুত্ৰগণ আড়িয়ালখাঁ আৰু ব্ৰহ্মপুত্ৰৰ বীৰগণ

সিহঁতৰ তৃষ্ণার্ত জিভা মেলি ধৰি হাজাৰ হাজাৰ

মাইল পাৰ হৈ প্ৰতিটো জলৰাশিৰ ফালে

গংগা

ভল্গা মিচিচিপি

মেকং নীলনদ

হোৱাংহোৰ গভীৰে

তেনেহ'লে যে মর্মাহত কবি

আমাৰ শতবৰ্ষ পূৰ্তিত

অভিশপ্ত মেফিস্টোফিলিচহঁতৰ স্বৰূপত সমুত্থানৰ দৰে

অন্ততঃ এখন নৌকাৰ আয়োজন সম্ভৱ

যাতে আমি উচ্চাৰণযোগ্য পবিত্র তৃষ্ণাসহ পুনৰ্বাৰ

জন্মভূমিলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰোঁ

 

অৰণ্য ঘৰৰ স্বপ্ন

মধ্যাহ্ন বিৰতি পাই কৃষকজন উভতিছিল দ্রুত

একাৱন খামাৰৰ পৰা- স্মৃতিসৌধ এৰি আহিলে সেতু

তাৰ পাছত পকী ৰাস্তা বাঁওকাষে থৈ সামান্য আগবাঢ়িলে

বিশাল বাগান আৰু ফলভাৰনত বৃক্ষদল

 

কৃষকজনে দেখিলে যে জেঠৰ দুপৰ চুমা দি

ৰক্তিম কৰিছে সৱ বাগানৰ ফলৰ শৰীৰ।

সামান্য আগবঢ়াৰ পাছত অজস্ৰ ফলৰ মাতত তাৰ

স্মৃতিৰ শিতানৰ পৰা অতীতৰ পখী উৰি গ'লঃ

সি দেখিলে কোনে যেন জোং আৰু যাঠি হাতত আহিছে

লোমহর্ষক লাঠিয়াল- বৃদ্ধ পিতা পৰি আছে ঘাঁহত-

নিহত ৰক্তাক্ত অকলে; মাক পলাল প্ৰান্তৰৰ ফালে

 

পোন্ধৰ বছৰ আগত দিন আছিল এনেকুৱা জেঠৰ,

বাগান দখল লৈ ভূ-স্বামীৰ ভৃত্য- - লাঠিয়াল

স্বপ্নৰ ভগ্নাংশ এই বৃক্ষমাটি দগ্ধ কৰিছিল;

এটি কোমল হাত কৃষকৰ ঘামসিক্ত দেহ

হঠাৎ স্পৰ্শ কৰিলে স্মৃতিচ্ছিন্ন হ'ল- সি দেখিলে –

সুপ্রিয় বধূজনী তাৰ আহিছে ফলৰ আহ্বানত,

এতিয়া বাগান ব্যাপী প্রতিষ্ঠিত যৌথ অধিকাৰ

বাগানৰ ফল আজি বণ্টনৰ সুষম বতাহত

উৰি যাব খামাৰৰ প্ৰতিটো কৃষকৰ ঘৰত৷

কৃষকে দেখিলে যেন দিগন্ত বিদীর্ণ কৰি বহু

পুৰুষ ৰমণী দৌৰি আহিছে আকাংক্ষাৰ ঢৌত,

প্রত্যেকৰ আগে আগে তাৰ পিতা-মাতাৰ পতাকা,

কৃষকৰ চকু নিগৰি বিজয়ৰ অশ্ৰু সৰি পৰিল

 

বধূৰ ব্যাকুল স্পৰ্শত সমগ্ৰ চেতনা ব্যাপী পুনৰ

আৱৰ্তিত হ'ল তীব্র স্বাধীন শ্ৰমৰ স্বপ্ন- আৰু

বিজয়ৰ অশ্ৰুপথত বধূ তাৰ ফলৰ আনন্দ

মূৰৰ ওপৰত লৈ উভতি গ'ল অৰণ্য ঘৰত

 

             এলিজি

মোৰ মৃতদেহ যিসকলে বহন কৰি আনিছে

কালিও সিহঁতৰ ঈৰ্ষাৰ জ্যামিতিৰ পৰা

ওলাই আহিছিল ত্ৰিভুজ কুঠাৰ

সিহঁতে সর্বদাই মোৰ ছায়াৰ ওপৰত

নৃশংস কুঠাৰ চলাইছিল

আৰু আহত বতাহৰ চকুৰ পৰা

নিগৰি পৰিছিল গীটাৰৰ ৰোদন

মোৰ বহু ব্যৱহৃত স্মৃতিত জুই জ্বলাই দিছিল

দৌৰি আহিছিল লক্ষ হাৱাৰ ক্ষুৰধ্বনি

কিয়নো সেই হাৱা মোৰ শ্বাসযন্ত্ৰৰ সহযাত্ৰী আছিল

বজ্ৰৰ অট্টহাঁহি দেৱদূতৰ চাবুকৰ দৰে

শব্দ কৰি উঠিছিল

কিয়নো সৌ আকাশৰ মেঘপুঞ্জ আছিল মোৰ অন্তৰব্যাপী

যি দেৱালৰ ভিতৰত সিহঁতে মোৰ ছায়া আঁকিছিল

সেই দেৱালৰ পৰা দৌৰি আহিছিল

প্ৰতিধ্বনিৰ অদৃশ্য ভল্ল

কিয়নো সৌ দেৱাল আছিল মোৰ অতিক্ৰমণৰ অনিবাৰ্য লক্ষ্য

 

মোৰ মৃতদেহ যিসকলে বহন কৰি আনিছে

কালিও সিহঁতৰ কণ্ঠৰ স্বৰধ্বনি আছিল

অপবাদৰ বিহু মিহলি বাণ

কিন্তু এতিয়া বাঁহীৰ কৰুণতম বিষাদ গীতিত

ডুবি গৈছেযেন পান কৰিছে জোন

আৰু আনন্দত লুটি-বাগৰ খাইছে ধূলিৰ মাজত

অথবা ৰেস্তোৰাঁৰ টেবুলত যেন সিহঁতেই আছিল

সমাদৰণীয় স্বজন

 

হায়- এইবোৰ প্ৰৱঞ্চকৰ পক্ষৰ পৰা

যেতিয়া মই সমাধিস্থ হ

পাছমুহূর্তেই হাত ধুই পেলাব স্বস্তিৰ পানীত

আৰু এনেকৈ মোৰ বুকু ঢাকি দিব

শিলেৰে যেন অপ্ৰতিৰোধ্য কবৰস্থানৰ পৰা

ওলাই নাহোঁ

যেন প্রতিযোগিতাহীন হাৱা গ'

যেন বিনা যুদ্ধে ৰাজ্য পোৱা গ'

45

45আৰু মোৰ বাবে প্ৰকৃত ক্ৰন্দনৰতসকলক

এনেকুৱাকৈ সান্ত্বনা দিব যেন ম‍ই পুনৰ

উভতি আহিম

মই উভতি আহিম এই ভয়ত সিহঁতে প্ৰতিনিশা

মোৰ কবৰলৈ গৈ লুকাই চাব-

এপিটাফ ফুটি কোনো উদ্ভিদ গজিল নে নাই

 

           স্বপ্ন-নভোতৰী

আকাংক্ষাৰ নাভিকেন্দ্ৰৰ পৰা স্বপ্নৰ পাৰ-নাও উৎক্ষেপণ কৰিছোঁ

আলোকৰ দ্বিগুণ গতি স্বপ্ন-নভোতী অন্ধকাৰ পৃথিবীৰ

আকর্ষণ বল চিঙি মহাকাশৰ পথত যাত্ৰা কৰিছে

ভয় আৰু মৃত্যু দুটা ইন্ধন যন্ত্ৰ পৰিত্যাগ কৰি স্বপ্নতৰী

ক্রমাগত দোল খাইছে গামা আৰু ৰঞ্জন ৰশ্মিৰ নৰকত

পানীহীন বায়ুহীন ভৰশূন্য ভয়ঙ্কৰৰ পৰা এৰাই অহা

বিষাক্ত ইলেকট্রন কণা যি কোনো মুহূৰ্তত

ভস্ম কৰি দিব পাৰে স্বপ্নত্ৰীখন

অভিজ্ঞতাৰ এলমোনিয়ামত আৱৰা স্বপ্ন নভোতৰী

জীৱন গ্ৰহৰ ভূমি স্পৰ্শ কৰি ৫০০,০০০০০০০ বছৰৰ

ব্যর্থতা মচি পেলাব বিচাৰে

জীৱন গ্ৰহৰ নাতিশীতোষ্ণ আৱহ মণ্ডলত

প্ৰচুৰ প্ৰ'টিন আছে- বিশুদ্ধ অক্সিজেন- সেউজৰ তীব্ৰ সমাৰোহ

হাহাকাৰ মুক্ত সেই স্বপ্নাঞ্চলত ভালপোৱাৰ পতাকা

নিৰ্বিৰোধে ফৰ ফৰ কৰে

ভাৰি বুটৰ শব্দত গ্ৰহটো কেতিয়াও উৎকণ্ঠিত হোৱা নাই

এনেকি গুলীৰ শব্দত সচকিত হোৱা নাই গংগা-চিলনী অথবা

বগা বালিহাঁহ

তাত কোনো জাতিসংঘ নাই

জেনেভা চুক্তি নাই

আনৱিক প্ৰদীপৰ পৰা বল্লম ভেম্পায়াৰ ওলাই নাহে

স্বপ্ন-নভোতী চেলুলয়েডৰ মাধ্যমত গ্ৰহটোৰ ছবি

আৰু তথ্যাদি পঠাইছে প্রতিনিয়ত সৌৱা নিজৰাৰ ধাৰা

হিৰন্ময় হৰিণা শাৱক-- সৌৱা পৰ্বতশ্রেণী শস্য প্ৰান্তৰ

শ্ৰমজীৱী মানুহৰ যৌথখামাৰ ঘৰটো গোধুলিৰ আলোকত উজ্জ্বল

স্বপ্নতৰী এদিন তাত অৱতীৰ্ণ হ'

আজি জীৱন গ্ৰহৰ কক্ষপথত ঘূৰি ঘূৰি

আশ্চর্য বিৰল ছবি সংগ্ৰহ কৰক

এদিন ঠিকেই আকাংক্ষাৰ কেন্দ্ৰভূমিৰ পৰা মই

জীৱনৰ গ্ৰহত মানুহৰ অনন্ত অৱতৰণ দেখিম

 

'ৰা আৰু চৰাইৰ গল্প

ওৰেটোদিন এটি চৰাইৰ সন্ধানত ল'ৰাজন সোমাই পৰিছিল আমাৰ

চহৰৰ প্ৰধান সিংহদ্বাৰত ৷ এজন উর্দি পিন্ধা টুপীৱালা চিপাহী দেখি

সি জানিব বিচাৰিলে; তোমাৰ দৰেই কৱৰী আছে মোৰ চৰাইটোৰ

মূৰৰ ওপৰত; তালৰ শাহৰ দৰে চকু, পাতৰ সেউজ লাগি ঠোঁট

দুটা সেউজৰ দৰেই ধাৰণা হয় আৰু পাখিত ফুলৰ গোন্ধ- দেখিছা চৰাইটো ?

ধাৰণা হল উৰোঁতে উৰোঁতে এইফালে আহিছে সি- ক'লৈ যে গল !

উর্দি পিন্ধা নওজোৱান চিপাহী ভীষণ বিৰক্ত হ'; বেটা থাকা ক',

 ইয়াত চৰাই! চৰাই মানুহ নেকি যে খবৰ ৰাখিম ?

সৰল অবাক চকুত ল'ৰাজনে ক'লে- কিয় মানুহতকৈ চৰাইয়ে বা

কম কিহত? তিনিবাৰেই খাবলৈ বিচাৰে, ভোক লাগিলে মানুহৰ দৰেই চিঞৰে,

 দিগন্ত ফুটা কৰি উৰাৰ স্বপ্ন দেখে আৰু ৰাতি হ'লে দাৰুণ টোপনি যায়

সান্ত্ৰী ৰুক্ষস্বৰত ডাবি দি কৈ উঠিল ঃ- যোৱা- ইয়াত চৰাই টাই একো নাই যোৱা...

 

'ৰাজন চহৰৰ প্ৰশস্ত ৰাস্তা ধৰি খোজ কাঢ়িবলৈ ধৰিলে। এখন ঘৰৰ নীলাভ গ্ৰীল ধৰি থিয় দি আছে এজনী নাৰী ৰাজকন্যা নেকি? 'ৰাজন সামান্য

জোৰেই জানিবলৈ বিচাৰিলে- বাৰু, মোৰ এটি পোহনীয়া চৰাই আছিল,

উৰি গৈছে- দেখিছা এইফালে? চৰাই? হাঁহি উঠিল ৰমণী;

হাৱাত পাতৰ দৰে দুটা ওঁঠ লৰাই কলে- ময়েতো চৰাই।

: তুমি চৰাই-তেনেহ'লে তোমাৰ ওঁঠৰ ৰং গাঢ় সেউজ নহয় কিয়?

তোমাৰ পিঠিৰ ওপৰত সোণালী পাখি কত-- বুকুৰ তলত

শৰৎ মেঘৰ নৰম কোমল নোম ক? ৰমণীজনী ভীষণ লাজত

মায়াবী জোনৰ দৰে মেঘৰ অন্তৰালত পলাল ৷

 

নিৰাশ ক্লান্ত চকুত ল'ৰাজন খোজ কাঢ়ি কাঢ়ি আহি চহৰৰ মাজ ভাগত

ট্ৰেফিক চিগনেলৰ কাষত থমকি ৰৈ গ', হয়, সৌযে

কঁহুৱাফুলৰ দৰে বগা দীর্ঘ মানুহজন-- সি নিশ্চয় জানে মোৰ

চৰাইৰ খবৰ। ল'ৰাজন জেব্রাক্রচিঙৰ সিদ্ধান্ত অবিহনেই দৌৰি

গৈ ট্ৰেফিকক ক'বলৈ বিচাৰিলে চৰাইটোৰ নিখোঁজ বার্তা।

কিন্তু ৰক্তপাত হৈ গ'; 'ৰাজনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱালে

কেইটামান মাৰ্চিডিজ-বেঞ্জ

কেইজনমান বাটৰুৱা দাৰুণ আহত হ'ল- নিহত এজন।

কোন এই সংঘৰ্ষৰ হোতা? সৌযে ল'ৰাজন

ট্রেফিক চিগনেল অমান্য কৰি চহৰৰ আভিজাত্যত জুই লগালে

তাক দণ্ডাদেশ দিব লাগিব, লে চার্জেণ্টে।

'ৰাজন এইবোৰৰ একোৱে নুবুজিলে; মাথোঁ ভেনৰ শব্দ শুনিলে,

বিছ যোৰ বুটৰ শব্দ। শেষত নিজক দেখিলে যে শুই

আছে গৰাদৰ ৰডৰ ভিতৰত ৷ ল'ৰাজনে ভাবিলেঃ তেনেহ'লে যে

ওৰেটোদিন চৰাইৰ সন্ধান কৰি বন্দি কৰে লোৰ খাঁচাত,

 সি তেনেহ'লে চৰাই নেকি ?

 

এক জনমত অত পাপ

এক জনমত অত পাপ দুচকুত দেখিছোঁ

অত মৃত্যু

অত ভোক দুচকুত দেখিছোঁ

জনমে জনমে অত দেখা

চকু তেও অন্ধ নহ'

প্রতীক্ষাও অন্ত নপৰিল- অপেক্ষাও নহয়

কতবাৰ আকাশে আকাশে বিদ্যুতৰ চিহ্ন মছি গ'

বাটৰুৱাৰ পদচিহ্ন ধুই গ'ল শাওণৰ বানে

স্বপ্ন দেখাৰ বাঞ্ছা তেও কিয় দিনে দিনে দীপ্ত হৈ উঠে

এক জনমত পাপ হলে বেলেগ জনমত পুণ্য হ'ব বুলি

বাৰে বাৰে কিয় মাতৃগৰ্ভত ভ্রূণ হওঁ

আৰু প্ৰতিবাৰেই মৃত্যু-ভয়ত পাপ কৰি পেলাওঁ

 

তেজ পদচিহ্ন

ভাৰতবৰ্ষত এক কবি সুৱৰ্ণৰেখাৰ জন্মত বিভোৰ

তাৰ সন্মুখত দিয়া হৈছে তেওঁৰে সন্তানৰ তেজমদ

এবাৰ তেওঁ ভাবিব খুজিছিল পানপাত্ৰৰ উৎসৰ বিষয়ে

 

জন্মান্ধৰ এই দেশে তেওঁক খেদি আনিলে সকলো

ঔৎসুক্যৰ পৰা

এবাৰ তেওঁৰ মন চঞ্চল হৈ উঠিছিল

পানপাত্ৰ ভিতৰোখিত ৰোদনত

জন্মান্ধৰ এই দেশে তেওঁক বুজাই দিলে সকলো

মাথোন মায়া

 

তেজমদৰ নিচাত কবি তেতিয়া সত্যভাষণত ব্ৰত হ'

আৰু উচ্চাৰণ কৰিবলৈ ধৰিলে সকলো প্রিয় পুত্ৰহঁতৰ নাম

জন্মান্ধৰ এই দেশে তেওঁক ঠেলি আনিলে সংসাৰৰ

সৱ স্বপ্নৰ পৰা

আৰু ইন্দ্ৰজাল বুলি গণ্য হল সৱ সত্যভাষণ

নিঃশেষিত পিয়লা আকৌ জাগি উঠিছে তেজৰ ফেনাত

কাষৰ প্লেটৰ কাবাবৰ গোন্ধত কবি উঠি থিয় হ'ব বিচাৰিলে

 

তেওঁৰ প্ৰিয়াৰ শৰীৰৰ গোন্ধৰ দৰে ভাব হৈছে

জন্মান্ধৰ এই দেশে তেওঁক বহুৱাই দিলে :

কবি-মহাভাৰতত হৰিণাৰ মঙহ বিৰল নহয়

 

সুৱৰ্ণৰেখাৰ জন্মত বিভোৰ তেওঁৰ পানপাত্ৰৰ পৰা

উপচি পৰিছে তেজমদ তিয়াই দিছে ভৰিৰ পতা

এতিয়া ঢলং ঢপংকৈ তেওঁ উভতিব খুজে

জন্মান্ধৰ দেশে তেওঁক ক'লে- পৃথিবীৰ সৰ্বত্ৰই

তোমাৰ ঘৰ

তুমি আৰু ঘৰলৈ উভতি কি কৰিবা

তেও কবি খোজ কাঢ়ি থাকিল

পশ্চাদত তেওঁৰ বিশৃংখল দীর্ঘ- তেজপদচিহ্ন

 

    প্রতি পৃথিবীৰ কবিতা

আমি দৌৰিছোঁ প্ৰতিপৃথিবীৰ বাটত

প্রচলিত সৱ স্বপ্নৰ অৱয়ব

সলনি হৈছে সৰ্বনাশৰ ৰথত

আৰোহণ কৰি এই প্ৰতিবিপ্লৱ

 

এক চকুত ৰিণিকি ৰিণিকি ভালপোৱা ফুটি আছে,

বেলেগ চকুৰ কোটৰত জ্বলিছে ঘৃণা

প্রতিকৰতলত প্রতিহিংসা নাচে,

প্রতিনিৰ্মাণত প্ৰৱল উদ্দীপনা।

 

ভঙা সাঁকো আৰু শেলুৱৈ আৰু শিলৰ

মুখত থুই দিওঁ- অগ্নিৰ উপাসনা

আৰাধ্য জানি ঘুণধৰা দূৰ্গৰ

দুৱাৰত কৰি প্ৰতিঘাত প্রযোজনা।

 

প্ৰতিমানুহৰ গঢ়ি তুলি কাৰাভান,

শ্রমিকসকল জাগে প্রতিযন্ত্ৰৰ সুৰত, ক্র

মশঃ বজাইবেঞ্জ প্রতিকবিতাৰ গান,

প্রতিশব্দৰ দীৰ্ঘ লাইন বিস্তৃত

 

প্রতিসৃষ্টিত প্রতিবিজ্ঞানীগণ

তুলিছে ধুমুহা প্ৰতিপাৰমাণৱিক

প্রতিপৃথিবীৰ সমগ্ৰ আচৰণ,

ভিন্ন আৰু প্ৰতিগণতান্ত্রিক।

 

প্রহেলিকাৰ- গল্প

আইতাই গল্প শুনাইছে তাইৰ নাতিক

প্রহেলিকাৰ এখন দেশ- আজব আৰু অদ্ভুত কাণ্ড

তাত- কৃষকৰ গোলাত উঠিছে বাৰূদশস্য

জালোৱাৰ জালত উঠিছে বন্দুক মাছ

শ্ৰমিকৰ হাতেৰে তৈৰী হৈছে লক্ষ ৰীম কাগজমৃত্যু

ছাত্ৰ শ্ৰেণীকোঠাত পাঠ শিকিছে ঠগনেওতা ঃ একে একে শূন্য...

১, ২, ৩, ৪, ৫........... ১০

১ ১ ১ ১ ১          ০১

০১, ২, ৩, ৪,.................০

শিল্পী আঁকিছে মুণ্ডহীন ৰাজপুত্ৰৰ

দার্শনিক দেখিছে পক্ষপাত ঘড়ী

শিক্ষক পঢ়ুৱাইছে অ-ত অজগৰ- পলোৱা-পলোৱা

ৰাজকন্যা লেখিছে অবিশ্বাসপত্র

(হায় সঁচাকৈয়ে ৰাজকুমাৰে মোক ভাল পায়নে ? )

কটোৱাল দিছে অনর্গল হত্যাভাষণ

কুমাৰীহঁতে প্ৰসৱ কৰিছে সন্তানসাপ

আইতা আঁত হেৰুৱাই পেলাইছে

তেও তাই গল্পটো শেষ কৰিব বিচাৰিছে।

তাত জনতাক শাসন কৰিছে জোতাৰ জিভা

নাস্তাৰ টেবুলত সিহঁত খাব লগা হৈছে অস্ত্ৰৰুটি

ফুলৰ বাগিছাবোৰ বাৰ্ডওয়াৰ ঘো ময়দান মৌমাখিবোৰে মৌবাহৰ সলনি বনাইছে বিমানবাহ সমুদ্ৰৰ বুকুত দুলিছে চাবমেৰিন ঢউ

তাত ঘৰৰ নাম যুদ্ধ ছাউনি

মানুহৰ নিঃশ্বাসৰ নাম আৰ্তনাদ

 

তেতিয়ালৈকে টোপনি জপটিয়াই ধৰিছে ল'ৰাটোৰ চকু

তেতিয়ালৈকে আইতা বাট হেৰুৱাই পেলাইছে প্রহেলিকাত

 

চহৰৰ শৰৎ দেৱদূত

সিদিনা চহৰত শৰতৰ বগা মেঘ

ভাহি আহিছিল এৰপ্লেনৰ দৰে

সিদিনা বহুতে সদৰ দুৱাৰত ফ্লেট ছাদত

হাত দাঙি হৈছিল সমাগত।

 

যেন কত দিন চহৰৰ ক'লা বুকু

ইলেকট্ৰনৰ মায়াজালত বিক্ষত,

তালৈ আহিছে বগা দেৱদূত,

মুখ তাৰ ভৰা ভাদৰ কিংশুক ।

 

ভ্ৰূ অগণিত কঁহুৱা ফুলেৰে ঢকা

থুতুৰিত গ্ৰীৱাত ৰহস্য মেদুৰতা,

চুলি যেন তাৰ অসীম উপত্যকা

দেৱদূত নেকি শুনাব সুখৰ কথা ৷

 

এই চহৰত তেনেহ'লে শান্তি আহিব ফিৰি গাঁ

ৱৰ পৰা অহা অনাহাৰীসকলৰ ঢউ

উভতি যাব নীলা জ্যোৎস্না প্ৰসাৰিত পথত,

শিলৰ কান্দোন আৰু নুশুনিব কেও ?

 

দেৱতাৰ সন্ধানত শৰৎ নিশা যিসকল

উৰি গৈছিল নক্ষত্ৰৰ ফালে,

দেৱতা আহিছে সেই সংবাদত সিহঁতে

ভাল পাব নেকি ব্যথিত চহৰটোকা।

 

নিজৰ বাবে নহয়

কিহৰ বাবে ভয় হৈছে নিজৰ বাবে নহয়

যুদ্ধ চলক ভাল লাগিছে বিজয় পৰাজয়

হৈছে যেতিয়া হওঁকচোন বাৰু আনন্দ ক

থিয় দি আছোঁ ভাল লাগিছে তেমূৰা ৰাস্তাত

ভঙা কাঁচৰ তৰোৱাল লাগি যকচোন কাটি পাও,

 তেজ সৰক ভাল লাগিছে জন্ম অথবা

মৃত্যু যদি আৱৰি ৰাখে সমগ্ৰ ৰাস্তা;

এক ধৰণৰ লোক আছে কান্দি পেলাব হুমুনিয়াহ !

খোজ কাঢ়িব পাৰোঁ যদি

পুনৰ তাৰাতাৰি

বোল সলাই মোৰ বাবে ৰটাই দিব- হেল্লো,

চাওঁকচোন এজন মানুহে কেনেকৈ বীৰত্ব দেখুৱালে ?

 

কিহৰ বাবে ভয় হৈছে নিজৰ বাবে নহয়,

 ভাল লাগিছে যুদ্ধ চলক বিজয় পৰাজয়-

কিবা এটা হবতো ঠিক হ'বই লাগিব- হাঁ

মই তেতিয়া মানুহ মাতি কম চাই যা

 

মোক যিজনে আহিবলৈ দিলে

মোক যিজনে আহিবলৈ দিলে সিয়েতো প্রভু

তাৰ তিমিৰত থাকিম নেকি জৰাসন্ধ

এই অহা পাপ- পাপৰ বাবে প্ৰভু দায়ী

মোক বিচাৰি অশ্বত্থ জোন হিংস্ৰ হাৱাত অন্ধ হ

সেউজ ঘাঁহত মাৰক আহিল দিন দুপৰত

নীলা গাভী তাৰ পথ হেৰুৱালে নদীৰ পালত

এইবোৰ জানিও আহিব লাগিব মৃত্যু আৰু মুখা নৃত্যত

 

অনন্ত কাল অগ্নি বৃষ্টি সৰিছে সৰক

নপুংসকৰ আত্মৰতি ঘৃণার্হ হওঁক

গভীৰ গোপন লগ্নবোৰ তৃণৰ ভিতৰত তৃষ্ণাকাতৰ

বাণৰ ফলাত ৰক্ত আহি হৰণ কৰক ভোক পিপাসা

মোক যিজন আহিবলৈ দিলে ব্যাধৰ গুণ

সিয়েই প্ৰভু নেকি

 

 

 

সপোনৰ উপত্যকা

হাতত আৰু সময় নাই

জোনৰ মন্দিৰত মাজনিশাৰ ঘণ্টা বাজিছে

মই হাড়ৰ পৰ্বত পাৰ হ'ব লাগিব-- লৱণৰ সমুদ্ৰ

মোৰ চৌদিশে ছিন্নভিন্ন চিঞৰ- ৰক্তাক্ত ৰোদন

এই অসহ্য সময়ৰ মাজৰ পৰা ওলাই

মই দিন আৰু ৰাতিৰ উপত্যকাত গৈ থিয় দিব লাগিব

তাত থিয় দি মই দেখিবলৈ পাম

এখন উজ্জ্বল আশ্চর্য দেশ

যাৰ দিগন্ত ৰেখাত সেউজৰ স্বাস্থ্য শুই আছে

 

তাৰ সমগ্ৰ শিশুহঁত আকাশৰ সুন্দৰ

নাৰীসকল কবিতাৰ শব্দ আৰু নিজৰাৰ কল্লোল

ৰাস্তাবোৰ মসৃণ কাৰ্পেৰ্টত আৱৰা

গৃহপালিত পশুবোৰ উচ্ছল হৰিণা

চৰাইৰ কলৰৱ জাতীয় সংগীত

 

তাৰ প্ৰতিজন পুৰুষ স্পার্টাকাচ

সিহঁতৰ কপালৰ ভাঁজ চুয়েজ খালৰ সুবৰ্ণ

পেশীৰ গঠন চুলতানৰ ছবি

চকু অৰণ্যৰ সৌন্দৰ্য- উচ্চতা পূৰ্বপুৰুষৰ সমান

আৰু সিহঁতৰ পবিত্ৰ নাম- মানুহ

                        সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)