মহৎ ব্যক্তি আৰু উৎসৱ

 

 


মহৎ ব্যক্তি আৰু উৎসৱ

                            সূচীপত্র

মহাত্মা গান্ধী (গান্ধী জয়ন্তী।)

পণ্ডিত জৱাহৰলাল নেহৰু। (শিশু দিৱস)

লালবাহাদুৰ শাস্ত্ৰী(লালবাহাদুৰ শাস্ত্রী জয়ন্তী।)

আবুল কালাম আজাদৰ জীৱন আৰু কৰ্ম (ৰাষ্ট্ৰীয় শিক্ষা দিৱস)

নেতাজী সুভাষ চন্দ্র বসু ( জন্ম দিৱসৰ শ্ৰদ্ধাঞ্জলি)

ভাৰতীয় সংবিধানৰ স্থপতি ড০ ভীমৰাও ৰামজী অম্বেদকাৰ

শ্ৰীমতী ইন্দিৰা গান্ধী (ৰাষ্ট্ৰীয় অখণ্ডতা দিৱস)

ড০ এ,পি,জে আব্দুল কালাম (শূন্যৰ পৰা শিখৰলৈ।)

ড০সৰ্বেপল্লী ৰাধাকৃষ্ণন (শিক্ষক দিৱস)

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী দিৱস)

কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা।(ৰাভা দিৱস)

ড০ ভূপেন হাজৰিকা।(গণ সংগীত দিৱস)

স্বাধীনতা দিৱস

গণতন্ত্ৰ দিৱস

মহৰম

ঈদ-উল- আযহা (বকৰীদ্)

হোলী

মে-ডাম-মে-ফি

                                                                           

                                                                নিবেদন

সামাজিক জীৱনত ৰাষ্ট্ৰীয়, ৰাজ্যিক, সামাজিক আৰু ধৰ্মীয়ভাবে বিভিন্ন অনুষ্ঠান পালন তথা উদ্যাপন কৰিব লগা হয়। অনুষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য অনুষ্ঠান হ', স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, গান্ধী জয়ন্তী, শিশু দিৱস, জ্যোতি দিৱস, ৰাভা দিৱস, গণশিল্পী দিৱস, হোলী, মে-ডাম-মে-ফি, ঈদ, মহম আদি বিশেষভাবে উল্লেখযোগ্য। এই অনুষ্ঠানসমূহ ৰাজহুৱা তথা বিদ্যালয় পর্যায়তো পালন কৰিব লগা হয়। সেয়ে অনুষ্ঠানসমূহৰ তাৎপৰ্য জনাটো খুবেই প্রয়োজন। কিন্তু এই বিষয়ে অসমীয়া ভাষাত গ্ৰন্থৰ অভাৱৰ কাৰণে বহুতে এই বিষয়ে বহলাই ব্যাখ্যা কৰাটো অসুবিধা হৈ পৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে দিৱসসমূহৰ তাৎপৰ্য জনাটো খুবেই জৰুৰী। যেহেতু বিদ্যালয় পর্যায়তো বহু দিৱস পালন তথা উদ্যাপন কৰিব লগা হয়। সেয়ে এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন যুগতোৱা হৈছে। মুঠ ১৮ টা দিৱসৰ তাৎপৰ্য গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। পঢ়ুৱৈ সমাজে গ্ৰন্থখন আদৰি ল'লে পৰৱৰ্ত্তী পৰ্যায়ত আৰু অধিক দিৱসৰ তাৎপৰ্য সন্নিৱিষ্ট কৰাৰ কাৰণে প্ৰয়াস কৰা হ'ব। গ্ৰন্থখন ততাতৈয়াকৈ যুগুত কৰিব লগা হোৱাত হয়তো বহুতো ভুল-ত্ৰুটি ৰৈ গৈছে। সদাশয় পাঠক সমাজে গ্ৰন্থখন আদৰি লৈ ভুল- ত্রুটিসমূহ আঙুলিয়াই দিলে কৃতার্থ হম। ইতি-

                                                                                                                                     বিনীত

                                                                                                                             আবুল হুছেইন

                                                                                                            সাং- যতিগাঁও, বৰপেটা, অসম

           মহাত্মা গান্ধী (গান্ধী জয়ন্তী।)

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱসটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। সত্য আৰু অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ জন্ম গুজৰাটৰ কাথিয়াৰ জিলাৰ পুৰবন্দৰত ১৮৬৯ চনৰ ২ অক্টোবৰত। সিদিনা আছিল শুক্রবাৰ। তেওঁৰ দেউতাকৰ নাম আছিল কম চাঁদ গান্ধী আৰু মাকৰ নাম পুতুলী বাঈ। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম মোহন দাস কৰম চাঁদ গান্ধী। ভাৰতৰ মানুহে মৰম আৰু শ্ৰদ্ধাৰে তেওঁক বাপুজী বুলি সম্বোধন কৰে। আধুনিক ভাৰতত এনেকুৱা সম্বোধন আন কোনো নেতাকে এতিয়ালৈকে কৰা হোৱা নাই। মহাত্মা গান্ধী মাথোন ভাৰতৰ কাৰণেই মহাত্মা নহয়, সমগ্ৰ বিশ্বৰ মানুহে তেওঁক মহাত্মাৰ ৰূপত জানে। মহাত্মা গান্ধীয়ে সমগ্ৰ বিশ্বক দেখুৱাই গৈছে যে বন্দুক আৰু বোমাৰ বাহিৰেও অহিংসা নামৰ অস্ত্ৰৰ দ্বাৰা যুদ্ধ জয় কৰিব পাৰি । মহাত্মা গান্ধীয়ে সত্য, অহিংসা আৰু সত্যাগ্ৰহৰ দ্বাৰা ক্ষমতা লিপ্স ব্ৰিটিচক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল।

১৭৫৭ চনত সংঘটিত হোৱা পলাচী যুদ্ধৰ পাছত ব্ৰিটিচে সাত সাগৰ তেৰ নদী পাৰ হৈ আহি এদেও দুদেও লোটা নিয়াৰ ছেৱেৰে ভাৰতবৰ্ষক পৰাধীনতাৰ শিকলিৰে বান্ধি পেলাইছিল আৰু প্ৰায় দুশ বছৰীয়া শাসন-শোষণেৰে ভাৰতৰ মানুহক জৰ্জৰিত কৰি পেলাইছিল। ভাৰতবৰ্ষৰ ঐশ্বৰ্য সম্ভাৰ নানা ছলনাৰে লুটি নি ব্ৰিটিচে নিজৰ দেশত সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল আৰু ভাৰতীয় মানুহৰ লগত দাসৰ দৰে ব্যৱহাৰ কৰিছিল। সৰ্বত্ৰ অৰাজকতা, অত্যাচাৰ আৰু শোষণৰ তাণ্ডৱ চলাইছিল। ভাৰতৰ মানুহে স্বাধীনভাবে চিন্তা-চৰ্চা কৰাৰ অধিকাৰ নাছিল। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গ'লে নানা ধৰণে আতিশয্য চলোৱা হৈছিল। ভাৰতৰ এই দুদিনৰ সময়ত সত্যান্বেষী, ন্যায়ৰ পূজাৰী, স্বাধীনতা সংগ্রামী দূৰ্গতৰ ত্ৰাণকৰ্ত্তা ৰূপে মহাত্মা গান্ধীৰ দৰে মহা মানৱৰ আৱিৰ্ভাৱ হৈছিল।

মহাত্মা গান্ধীয়ে ল'ৰালিতে পিতৃৰপৰা সত্য পৰায়ণতা আৰু সাহসিকতা আৰু মাতৃৰ পৰা ধৰ্মপৰায়ণতা, দয়া, মানৱতা, ক্ষমা আদি উদাৰ আৰু সজ গুণৰ শিক্ষা পাইছিল। শৈশৱত মহাত্মা গান্ধী লাজকুৰীয়া আৰু ভয়াতুৰ স্বভাৱৰ আছিল আৰু মাথোন তেৰ বছৰ বয়সতে কস্তুৰৱা গান্ধীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। ভাৰতবাসীয়ে কস্তুৰৱা গান্ধীক শ্ৰদ্ধা আৰু মৰমতে বাবুলি সম্বোধন কৰিছিল ৷

মহাত্মা গান্ধীৰ প্ৰাথমিক শিক্ষা পোৰবন্দৰতে আৰম্ভ হৈছিল আৰু হাইস্কুলীয়া শিক্ষা ৰাজকোটত গ্ৰহণ কৰিছিল ৷ ছাত্ৰ হিচাপে মহাত্মা গান্ধী মজলীয়া বিধৰ আছিল আৰু হাতৰ আখৰ মুঠেই ভাল নাছিল। ইয়াৰ কাৰণে তেওঁ অনুতাপ কৰিছিল । ১৮৮৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। বিলাতত থকা সময়ত তেওঁ মাতৃ আজ্ঞা শিৰোধাৰ্য কৰি নিজৰ আহাৰ নিজে ৰান্ধি খাইছিল। বিলাতত থকা অৱস্থাতে তেওঁৰ পিতৃ বিয়োগ ঘটে। ১৮৯১ চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ উভতি আহে আৰু মুম্বাই হাইকোর্টত ওকালতি আৰম্ভ কৰে । কিন্তু লাজকুৰীয়া আৰু মিছা কথা ক'ব নোৱাৰোৰ বাবে তেওঁ কৰ্মজীৱনৰ আৰম্ভণীতে বিফলতাৰ সন্মুখীন হয়। কিন্তু তেতিয়াই তেওঁ দুজন বিখ্যাত ৰাজনীতিবিদ গোপালকৃষ্ণ গোখলে আৰু দাদভাই নৌৰৰ্জীৰ সান্নিধ্যলৈ আহে আৰু পৰৱৰ্ত্তী জীৱনত এই দুগৰাকী মহান ৰাজনীতিজ্ঞৰ প্ৰভাৱ তেওঁৰ জীৱনত পৰে।

মুম্বাইত থকা অৱস্থাতে সংযোগবশতঃ এগৰাকী শেঠে মহাত্মা গান্ধীক উকিল নিযুক্ত কৰে আৰু তেওঁ ওকালতি কৰিবলৈ ১৮৯৩ চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। তেতিয়া শ্বেতাংগসকলে প্ৰৱাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলকৰ ওপৰত অমানুষিক নির্যাতন চলাইছিল। সেই নিৰ্যাতনৰপৰা মুক্তি পোৱাৰ কাৰণে প্ৰৱাসী ভাৰতীয়সকল গান্ধীজীৰ কাষ চাপে আৰু গান্ধীজীয়ে ভাৰতীয় মূলৰ মানুহখিনিক একগোট কৰি চৰকাৰৰ এখন অন্যায় বিলৰ বিৰুদ্ধে অহিংস আপোচহীন সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। এফালে দুৰ্দ্দান্ত ব্ৰিটিচ চৰকাৰ আৰু আনফালে নিৰাশ্ৰয়, নিৰপৰাধ, নির্যাতিত মানুহ। তেওলোকৰ একমাত্র সম্বল অহিংসাৰ পূজাৰী মহাত্মা গান্ধী । অলেখ অপমান, লাঞ্ছনা- গঞ্জনাৰ বোজা মূৰ পাতি লৈ গান্ধীজীয়ে আন্দোলন চলাই গ'ল। অৱশেষত ব্ৰিটিচ চৰকাৰে গান্ধীজীৰ দাবী মানিবলৈ বাধ্য হয়। গান্ধীজী সুদূৰ্ঘ ২০ বছৰতকৈও অধিক কাল নাটালত থাকে আৰু নাটাল ভাৰতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰে। অৱশেষত তেওঁ ১৯১৪ চনত ভাৰতলৈ উভতি আহে।

ভাৰতলৈ আহি তেওঁ পোনে পোনে ৰাজনীতিত প্ৰৱেশ নকৰি সৱমতী নামে ঠাইত এখন আশ্ৰম প্ৰতিষ্ঠা কৰে আৰু জনকল্যাণমূলক কাম আৰম্ভ কৰে। ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়। বিপন্ন ইংৰাজসকলে ভাৰতীয়ৰ ওচৰত সাহায্যৰ কাৰণে আবেদন জনায় আৰু ভাৰতীয়ক স্বায়ত্ব শাসন প্ৰদানৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰে। ফলত গান্ধীজীৰ নেতৃত্বত ভাৰতীয়ই ব্ৰিটিচসকলক নানা প্ৰকাৰে সহায় সহযোগিতা আগবঢ়ায়। কিন্তু চতুৰ প্ৰতাৰক ব্ৰিটিচ চৰকাৰে স্বায়ত্ব শাসনৰ পৰিৱৰ্তে ভাৰতবাসীক উপহাৰ দিয়ে ৰাওলাট আইন। এই ৰাওলাট আইনৰ বিৰুদ্ধে সমগ্ৰ ভাৰত ব্যাপী প্ৰতিবাদৰ জোৱাৰ উঠে আৰু ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ অমৃতচৰৰ জালিয়াৱাৱলাবাগত প্রায় দহ হাজাৰ লোক সমৱেত হয়। এই প্রতিবাদ প্রতিহত কৰাৰ কাৰণে ব্ৰিটিচ চৰকাৰে দমনমূলক নীতি গ্রহণ কৰে আৰু প্ৰতিবাদীসকলক প্রতিহত কৰাৰ কাৰণে ব্ৰিটিচ জেনেৰেল কুখ্যাত ডায়াৰৰ নিৰ্দ্দেশত নিৰস্ত্ৰ নিৰীহ প্রতিবাদীসকলৰ ওপৰত প্ৰায় দহ মিনিট ব্যাপী গুলীবর্ষণ কৰে। এই বৰ্বৰ আক্ৰমণত চৰকাৰী হিচাপত ৩৭৯ জন লোক নিহত হোৱাৰ লগতে আন ১২০০ জন আহত হয়। প্রত্যক্ষদর্শী গিৰিধালালৰ মতে ১০০০ জন নিহত আৰু ১৫০০ আহত হৈছিল বুলি জনা যায় ৷

জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ফলত সমগ্ৰ ভাৰত ব্যাপী ব্ৰিটিচ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ধুমুহা ববলৈ আৰম্ভ কৰে। তেতিয়া গান্ধীজীয়ে ব্ৰিটিচ চৰকাৰৰ বিৰুদ্ধে অসহযোগৰ সিদ্ধান্ত লয় । সিদিনা গান্ধীজীৰ প্ৰতিক্ৰিয়া আছিল- এই চয়তান (ইংৰাজ) চৰকাৰৰ সংশোধন অসম্ভৱ, ইয়াক ধ্বংস কৰিবই লাগিব। ১৯২০ চনত বালগংগাধৰ তিলকৰ মৃত্যুৰ পাছত কংগ্ৰেছৰ কৰ্ত্তৃত্ব গান্ধীজীৰ হাতলৈ আহে আৰু কলিকতা কংগ্ৰেছৰ অধিবেশনত তেওঁ স্বাধীনতা সংগ্ৰামৰ অমোঘ অস্ত্ৰ অসহযোগ আন্দোলনৰ কাৰ্যসুচি গ্রহণ কৰে। মানুহৰ মনত জাতীয় চেতনা জাগ্ৰত কৰাৰ কাৰণে প্ৰথমে তেওঁ বিদেশী বস্তু বৰ্জন আৰু খদ্দৰ প্ৰচলন আৰম্ভ কৰে। এই অসহযোগ আন্দোলন সমগ্ৰ ভাৰতত বিয়পি পৰে আৰু ব্ৰিটিচে এই অসহযোগ আন্দোলন বন্ধ কৰাৰ কাৰণে দমন নীতি প্রয়োগ কৰে। কংগ্ৰেছ আৰু খেলাফত কমিটি নিষিদ্ধ কৰাৰ লগতে সকলো প্ৰকাৰ ধৰ্মঘট, হৰতাল, সভা-সমিতি, শোভাযাত্রা, বেআইনী ঘোষণা কৰা হয়। লালা লাজপৎ ৰায়, মতিলাল নেহৰু, মহম্মদ আলী, সুভাষ চন্দ্ৰ বসুকে আদি কৰি বহু নেতাক গ্ৰেপ্তাৰ কৰা হয়। ফলত ব্ৰিটিচৰ এই দমন নীতিৰ প্ৰতিবাদত উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰ জিলাৰ চৌৰিচৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত এক শোভাযাত্ৰা উলিওৱা হয় আৰু ব্ৰিটিচ চৰকাৰে উক্ত শোভাযাত্ৰাৰ ওপৰত গুলী বৰ্ষণ কৰে । কিন্তু পুলিচৰ গুলী শেষ হৈ যোৱাৰ পাছত উত্তেজিত জনতাই আৰক্ষী চকীত অগ্নি সংযোগ কৰাৰ লগতে ২২ জন পুলিচ কৰ্মীক হত্যা কৰে । এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন স্থগিত ঘোষণা কৰে।

ব্ৰিটিচ চৰকাৰৰ ভাৰতীয়ক ক্ষমতা প্ৰদানৰ প্ৰতি অনীহালৈ লক্ষ্য কৰি ১৯২৯ চনৰ ৩১ ডিচেম্বৰত লাহোৰত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত মহাত্মা গান্ধীজীয়ে স্বৰাজ লাভৰ উদ্দেশ্যে আইন অমান্য আন্দোলনৰ আহ্বান কৰে। ১৯৩০ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা এই আইন অমান্য আন্দোলন আৰম্ভ হয়। এই আন্দালনৰ কাৰ্যসূচীৰ অংশ হিচাপে ১৯৩০ চনৰ এপ্ৰিল মাহত গান্ধীজীয়ে ব্ৰিটিচৰ লোণ আইনৰ বিৰুদ্ধে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰাৰ উদ্দেশ্যে গুজৰাটৰ দাণ্ডি অভিমুখে পদযাত্ৰা আৰম্ভ কৰে। এই আইন অমান্য আন্দোলন অতি দ্রুত ভাৰতবৰ্ষৰ সৰ্বত্ৰ বিয়পি পৰে আৰু সমগ্ৰ ভাৰতবৰ্ষ এই আন্দোলনত জঁপিয়াই পৰে। ফলত ব্ৰিটিচ চৰকাৰে স্বায়ত্ব শাসন প্ৰদানৰ উদ্দেশ্যে ১৯৩০ চনৰপৰা ১৯৩২ চনলৈ তিনিবাৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰিবলৈ বাধ্য হয়। কিন্তু প্ৰতিবাৰেই ঘূৰণীয়া মেজমেল ব্যর্থ হয়।

চম্পাৰণ সত্যাগ্ৰহ, পুণা চুক্তিকে আদি কৰি বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰি গান্ধীজীয়ে ভাৰতীয়ৰ মনত স্থায়ী আসন প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। ১৯৪২ চনৰ ৮ আগষ্টত পূর্ণ স্বাধীনতা অৰ্জনৰ কাৰণে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় ৷ ভাৰত ত্যাগ আন্দোলনত ভীতিগ্ৰস্ত হৈ ব্ৰিটিচ চৰকাৰে মহাত্বা গান্ধীকে আদি কৰি বহু নেতাক কাৰাৰূদ্ধ কৰে। বহুজনক ফাঁচী কাঠত ওলমোৱা হয়। এনেতে ১৯৪৬ চনত নোৱাখালীত হিন্দু-মুছলমানৰ সংঘৰ্ষ আৰম্ভ হয়। গান্ধীজীয়ে তেতিয়া শান্তি আৰু ভ্ৰাতৃপ্ৰেমৰ বাণী লৈ কলিকতা আৰু নোৱাখালীত শান্তিযাত্ৰা আৰম্ভ কৰে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয়।

গান্ধীজীয়ে ভাৰতবাসীক মাথোন স্বাধীনতাই উপহাৰ দিয়া নাই তেওঁ মনোৰম ৰামৰাজ্য গঢ়ি তোলাৰ কাৰণে দেশক স্বাৱলম্বী কৰি তুলিবলৈ খদ্দৰ প্ৰচলন, কুটীৰ শিল্পৰ উন্নয়ন, গ্রাম্য জন-স্বাস্থ্য উন্নয়ন, অস্পৃশ্যতা দূৰীকৰণ, মাদক দ্রব্য নিবাৰণকে আদি কৰি বিভিন্ন সাংগঠনিক কাৰ্যসূচীত দাঙি ধৰিছিল। তেওঁ নিজৰ জীৱন দৰ্শনৰ আধাৰত সত্য অন্বেষণৰ কাহিনী নামৰ এখন মহামূল্যবান গ্রন্থও ৰচনা কৰি গৈছে। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ এখন প্ৰাৰ্থনা সভাত নাথুৰাম গডচে নামৰ এজন আততায়ীয়ে গান্ধীজীক গুলীয়াই হত্যা কৰে ৷ জাতীয় নায়ক, বিশ্বশান্তিৰ প্রতীক মহাত্মা গান্ধীৰ দৰে এগৰাকী মহানায়কে এইদৰে আততাতায়ীৰ গুলীত প্রাণ বিসর্জন দিয়াটো খুবেই মর্মান্তিক আৰু গৰিহণাযোগ্য। নাথুৰাম গডচে গান্ধীজীক হত্যা কৰিলেও তেওঁৰ আদৰ্শক হত্যা কৰিবপৰা নাইযিমান দিনলৈকে ভাৰতবৰ্ষ আছে সিমান দিনলৈকে তেওঁৰ আদৰ্শ জীয়াই থাকিব প্ৰতিগৰাকী ভাৰতীয়ৰ মনত ।**

 

   পণ্ডিত জৱাহৰলাল নেহৰু ৷ (শিশু দিৱস)

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ অন্যতম পণ্ডিত জৱাহৰলাল নেহৰুৰৰ জন্ম ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ দেউতাকৰ নাম মতিলাল নেহৰু আৰু মাকৰ নাম স্বৰূপ ৰাণী । তেওঁৰ পূৰ্বপুৰুষ কাশ্মীৰী হিন্দু আছিল আৰু স্বৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ অন্তৰ্গত আছিল। দেউতাক মতিলাল নেহৰু ধনী বেৰিষ্টাৰ আছিল আৰু বিলাসী জীৱন যাপন কৰিছিল। মতলিাল নেহৰু আনন্দ ভৱন নামৰ এটি বৃহৎ গৃহত বাস কৰিছিল আৰু গৃহ পৰিসৰতে চুইমিং পুল আৰু টেনিচ কোর্ট আছিল। গৃহটো এতিয়াও তাত আছে। ধনী মানুহৰ সন্তান হিচাপে জৱাহৰলাল নেহৰু নিজেও ল'ৰালিত লাহ-বিলাহৰ মাজত ডাঙৰ-দীঘল হৈছিল। মতিলাল নেহৰুই ল'ৰা-ছোৱালীৰ শিক্ষা আৰু অন্যান্য সুবিধা প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰাৰ পক্ষপাতি নাছিল। ব্ৰিটিচসকলৰ প্ৰতি তেওঁৰ গভীৰ আস্থা আছিল। ব্ৰিটিচ বিষয়াসকলৰ কাৰণে তেওঁলোকৰ গৃহৰ দুৱাৰ সদায় খোলা আছিল। ব্ৰিটিচ বিষয়াসকলেও তেওঁ আৰু তেওঁৰ পৰিয়ালক সন্মান কৰিছিল আৰু তেওঁলোকৰ ঘৰলৈ স্বাগতম জনাইছিল। অবাধমিলা-মিলাৰ ফলত জৱাহৰলাল নেহৰু আৰু ভনীয়েক বিজয়লক্ষ্মী পণ্ডিত ও কৃষ্ণা পণ্ডিতৰ ওপৰত ব্ৰিটিচ ৰীতি-নীতি আৰু আচাৰ- আচৰণৰ গভীৰ প্ৰভাৱ পৰিছিল।

মতিলাল নেহৰুই নিজৰ সন্তানৰ কাৰণে নিজ গৃহতে ইংৰাজী আৰু পশ্চিমীয়া শিক্ষাৰ ব্যৱস্থা কৰিছিল। এগৰাকী ঘৰুৱা শিক্ষয়িত্ৰীৰ অধীনত জৱাহৰলাল নেহৰুক নিজ গৃহতে প্রাথমিক শিক্ষা প্ৰদান কৰা হৈছিল। ইংৰাজীৰ লগতে তেওঁক হিন্দী আৰু সংস্কৃতো শিকোৱা হৈছিল। সল্সলীয়াভাবে ইংৰাজী কোৱাৰ কাৰণে প্ৰশিক্ষণো দিয়া হৈছিল । পশ্চিমীয়া ৰীতি-নীতিৰ লগতে আচৰণ আৰু পৰম্পৰাৰো শিক্ষা দিয়া হৈছিল। নেহৰু পৰিয়ালৰ সাজ-পোচাকতো পশ্চিমীয়া প্ৰভাৱ পৰিছিল। নিজ গৃহতে ইংৰাজী আৰু ইংৰাজ ৰীতি-নীতি শিক্ষা প্ৰদানৰ পাছত জৱাহৰলাল নেহৰুক এলাহাবাদৰ স্থানীয় কনভেণ্ট স্কুলত ভৰ্ত্তি কৰি দিয়া হৈছিল। ১৫ বছৰ বয়সত শিক্ষাৰ কাৰণে তেওঁক ইংল্যাণ্ডলৈ পঠোৱা হয় ৷ তাত তেওঁ ইংল্যাণ্ডৰ বিখ্যাত হেৰো' পাব্লিক বিদ্যালয়ত ভৰ্ত্তি হয়। পাছত ১৯০৭ চনত তেওঁ কেমব্ৰিজৰ ট্রিনিটি কলেজত ভৰ্ত্তি হয় আৰু ১৯১০ চনত ৰসায়ন, ভূ-ত্তত্ব আৰু উদ্ভিদ বিদ্যাত অনাচসহ ডিগ্রী লাভ কৰে। সেই সময়ত তেওঁ ফ্ৰান্স আৰু জাৰ্মানীও ভ্রমণ কৰিছিল। অৱশেষত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইনাৰ টেম্পলৰপৰা বেৰিষ্টাৰী ডিগ্ৰী প্ৰাপ্ত হৈ ১৯১২ চনত স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰে।

স্বদেশলৈ উভতি আহি জৱাহৰলাল নেহৰুই উত্তৰ প্ৰদেশৰ এলহাবাদ হাইকোর্টত ওকালতি আৰম্ভ কৰে। ১৯১৬ চনৰ ৮ ফেব্ৰুৱাৰীত ২৭ বছৰ বয়সত তেওঁ কমলা কৌলৰ লগত বিবাহ পাশত আৱদ্ধ হয়। পাছৰ বছৰ অৰ্থাৎ ১৯১৭ চনত একমাত্র সন্তান ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম হয়। অৱশ্যে তেওঁলোকৰ এজন ল'ৰা সন্তানো হৈছিল আৰু সি ১৯২৪ চনতে মৃত্যুমুখত পৰিছিল।

তেতিয়া সাত সাগৰ তেৰ নদী পাৰ হৈ আহি ব্ৰিটিচসকলে আমাৰ দেশ শাসন কৰিছিল। ব্ৰিটিচসকলে ভাৰতীয়ৰ ওপৰত নানা ধৰণে নির্যাতন চলাইছিল। ফলত সমগ্ৰ ভাৰতব্যাপী ব্ৰিটিচৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি আছিল। ভাৰতবাসীৰ দুৰ্গতি দেখি জৱাহৰলাল নেহৰুৰ হৃদয় কান্দি উঠে আৰু ওকালতি ত্যাগ কৰি তেওঁ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। গান্ধীজী তেওঁৰ ৰাজনৈতিক গুৰু আছিল। সেয়ে তেওঁ মহাত্মা গান্ধীৰ আদৰ্শ মতে চলিবলৈ লয়। তদুপৰি মতিলাল নেহৰু কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল। গতিকে তেওঁ দেউতাকৰ দ্বাৰাও ৰাজনীতিৰ প্ৰতি প্ৰভাৱিত হৈছিল। স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিয়ে তেওঁ চাহাবী পোচাক ত্যাগ কৰি খদ্দৰৰ ধূতি টুপী পিন্ধিবলৈ লয়। তেওঁ আগতে দামী বিলাসী গাড়ীত উঠি ঘূৰি ফুৰিছিল; কিন্তু মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ গাঁৱে গাঁৱে খোজকাঢ়ি ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁ এগৰাকী সু-সংগঠক আৰু ভাল বক্তা।ছিল। ১৯১৫ চনত তেওঁ ব্ৰিটিচ চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এলহাবাদৰ এখন জনসভাত জীৱনৰ প্ৰথম ভাষণ প্ৰদান কৰে। কিছুদিনৰ ভিতৰতে তেওঁ উত্তৰ ভাৰতৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা হিচাপে নিজক প্ৰক্ষেপ কৰিবলৈ সক্ষম হয়। ১৯১৭ চনত তেওঁ হোমৰুলআন্দোলনত অংশ গ্ৰহণ কৰে। ১৯১৯ চনত তেওঁ পোন প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীৰ সম্পৰ্কলৈ আহে।। ১৯২১ চনত ফ্ৰান্স আৰু ৱেলচৰ যুৱৰাজৰ ভাৰত আগমনৰ সময়ত হৰতাল পালন কৰি তেওঁ প্ৰথমবাৰৰ কাৰণে কাৰাৰুদ্ধ হয়। ১৯২২ চনত তেওঁ বিদেশী বস্তু বর্জন আন্দোলনত অংশ গ্ৰহণ কৰি জে'ললৈ যায়। ১৯২৪ চনত তেওঁ এলহাবাদ মিউনিচিপাল কৰ্পোৰেশ্বনৰ সভাপতি হিচাপে নির্বাচিত হয়কিন্তু ব্ৰিটিচ বিষয়া আৰু ৰাজকৰ্মচাৰীসকলৰ দুৰ্নীতিত বিক্ষুব্ধ হৈ দুবছৰ পাছত পদত্যাগ কৰে। ইয়াৰ পাছত তেওঁ বাৰে বাৰে জেললৈ যাব লগা হয়। ১৯২৬ চনৰ পৰা ১৮২৮ চনলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যৰ্বিাহ কৰে। ১৯২৮ চনত চাইমন কমিচনৰ বিৰুদ্ধে শোভাযাত্ৰা পৰিচালনা কৰি লাঠীৰ কোবত আঘাত প্রাপ্ত হোৱাৰ লগতে ১৯৩০ চনত লোণ আইন ভংগ আন্দোলনত যোগদানৰ অভিযোগত ছমাহ আৰু কিষাণ সন্মিলনত যোগদান কৰি দুবছৰৰ কাৰণে কৰাৰুদ্ধ হয়। ১৯৩১ চনত এলাহাবাদ পৰিত্যাগৰ আদেশ অমান্য কৰাৰ ফলত পুনৰ দুবছৰৰ কাৰণে জেললৈ যাব লগা হয়১৯৩৪ চনত ৰাষ্ট্ৰদ্ৰোহী ভাষণ প্ৰদানৰ অপৰাধত কাৰাবৰণ কৰিব লগা হয়। ১৯৩৫ চনত কাৰামুক্ত হোৱাৰ পাছত চুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা অৱস্থাত ১৯৩৬ চনত পত্নী কমলা নেহৰুৰ দেহৱাসন হয়। সেই একে বছৰতে এপ্ৰিল মাহত তেওঁ লক্ষ্ণৌ কংগ্ৰেছত সভাপতি নির্বাচিত হয়। ১৯৩৮ চনত তেওঁৰ মাতৃ বিয়োগ ঘটে।

১৯৪০ চনত সত্যাগ্রহ আন্দোলনত যোগদানৰ অপৰাধত তেওঁ ৪ বছৰৰ কাৰণে কাৰাদণ্ডেৰে দণ্ডিত হয়। এবছৰ পাছত কাৰামুক্ত হৈ গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্রহণ কৰি তেওঁ পুনৰ কাৰাদ্ধ হয়। ১৯৪৫ চনত মুক্তি লাভ কৰিয়ে আজাদ হিন্দ ফৌজৰ বিষয়া আৰু সৈন্যসকলৰ স্বপক্ষে ঐতিহাসিক বিচাৰত আইনজ্ঞ হিচাপে তেজবাহাদুৰ চাপুক সহায় কৰি দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে।

১৯৪৬ চনত তেওঁ চতুৰ্থবাৰৰ কাৰণে কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ১৯ আগষ্টত তেওঁ স্বাধীন ভাৰতৰ প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। প্ৰধান মন্ত্ৰী হিচাপে তেওঁ ব্ৰিটিচৰ শাসন-শোষণত জৰ্জৰিত আৰু সাম্প্ৰদায়িকতাৰ বিদ্বেষেৰে দ্বিখণ্ডিত ভাৰতৰ কাৰণে দৰিদ্ৰতা, সাম্প্ৰদায়িকতা, নিৰক্ষৰতা, বিজ্ঞান-প্রযুক্তি, নিৱনুৱা সমস্যাকে আদি কৰি বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰিব লগা হয়। আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত জৱাহৰলাল নেহৰুৰ ভুমিকা অপৰিসীম। তেওঁ প্লানিং কমিছন, পঞ্চ বার্ষিক পৰিকল্পনা, বিজ্ঞান ও প্রযুক্তি, কৃষি ও উদ্যোগৰ বিকাশকে আদি কৰি নানা উন্নয়নমূলক নীতিৰ উদ্ভাৱক। বৈদেশিক নীতিৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে। তেওঁ পঞ্চশীল নীতিৰ প্ৰবক্তা, নিৰস্ত্ৰীকৰণ প্ৰস্তাৱৰ উদ্ভাৱন কৰ্ত্তা। এছিয়া আৰু আফ্ৰিকাৰপৰা উপনিৱেশিকতা উৎখাতৰ কাৰণে তৎপৰতা, দক্ষিণ কুৰিয়াৰ যুদ্ধাৱসান আদি তেওঁৰ জীৱনৰ উল্লেখযোগ্য কর্মতৎপৰতাবিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ তৎপৰতা দেখি মহান বিজ্ঞানী আইনষ্টাইনে তেওঁক সাৱটি ধৰি কৈছিল- তুমিয়ে আমাৰ একমাত্ৰ ভৰসা- তোমাৰ পদচিহ্নই পৃথিবীৰ কক্ষপথ

জৱাহৰলাল নেহৰুই ল'ৰা-ছোৱালীক খুব মৰম কৰিছিল, যাৰ ফলত লৰা-ছোৱালীয়ে তেওঁক খুড়াবুলি সম্বোধন কৰিছিল। তেওঁৰ মৃত্যু দিৱসটো চৰকাৰে শিশু দিৱস হিচাপে পালন কৰি আহিছেকৃষকসকলৰ প্ৰতিও তেওঁৰ আন্তৰিক শ্ৰদ্ধা আছিল। সেয়ে তেওঁ মৃত্যুৰ আগত কৈছিল- মোৰ চিতাভস্ম সেইবোৰ খেতিত সিঁচৰতি কৰি দিবা য'ত ভাৰতৰ মহান কৃষকসকলে শ্ৰম কৰে, যাতে ভাৰতৰ ধূলি-মাটিৰ লগত মিলি মই ভাৰতৰ অভিন্ন অংগ হৈ থাকিব পাৰো। এয়া তেওঁৰ অপূৰ্ব দেশ প্ৰেমৰ চানেকি। নানা ধৰণৰ ব্যস্ততাৰ মাজতো তেওঁ কেবাখানো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। এ লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ’, ‘গ্লীমচেছ অৱ ৱৰ্ল্ড হিষ্টৰী’, ‘অ্যটো বায়গ্ৰাফী’, ‘ডিচকভাৰী অৱ ইণ্ডিয়া' আদি ৷ গ্ৰন্থবোৰে তেওঁৰ দাৰ্শনিক গভীৰ জ্ঞানৰ পৰিচয় দিয়ে। প্ৰায়বোৰ গ্ৰন্থই তেওঁ জেলত বহি ৰচনা কৰিছিল। তেওঁৰ কৰ্মৰ স্বীকৃতি হিচাপে ১৯৫৫ চনৰ ১৫ জুলাইত তেওঁক ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰা হয়৷**

            

                                   লালবাহাদুৰ শাস্ত্ৰী

                  (লালবাহাদুৰ শাস্ত্ৰী জয়ন্তী)

জয় জোৱান জয় কিষাণ' শ্লোগানৰ স্ৰষ্টা লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম ১৯০৪ চনৰ ২ অক্টোবৰত বাৰানসীৰ মোগল শৰাইত। তেওঁৰ দেউতাকৰ নাম সাৰদাপ্রসাদ শাস্ত্ৰী আৰু মাকৰ নাম ৰামদুলাৰী দেৱী। দেউতাক সাদা প্ৰসাদ প্ৰথমতে এগৰাকী শিক্ষক আছিল আৰু পাছৰ পৰ্যায়ত তেওঁ এলাহাবাদৰ ৰেভিনিউ অফিচত কেৰাণী হিচাপে যোগদান কৰিছিল। মাক ৰামদুলাৰী দেৱী মুন্সী হাজাৰীলালৰ জীয়েক আছিল। হাজাৰী লাল মোগল শৰাইৰ ৰে'লৱে হাইস্কুলৰ হেড মাষ্টৰ আছিল। লালবাহদুৰ শাস্ত্ৰীৰ পূৰ্বপুৰুষ সকল বাৰানসীৰ ৰামনগৰত জমিদাৰৰ সেৰেস্তাত চাকৰি কৰিছিল। জন্মৰ পাছত লালবাহাদুৰ শাস্ত্ৰী তাত মাথোন এবছৰ কালহে আছিল ৷

ডেপুটি তহচিলদাৰ পদত উন্নীত হোৱাৰ কিছুদিন পাছত অৰ্থাৎ ১৯০৬ চনৰ এপ্ৰিল মাহত প্লেগ ৰোগত আক্ৰান্ত হৈ দেউতাক সাৰদাপ্রসাদ শাস্ত্রী মৃত্যু মুখত পৰে। তেতিয়া লালবাহাদুৰ শাস্ত্ৰীৰ বয়স আছিল মাথোন এবছৰ আৰু মাক ৰামদুলাৰী দেৱীৰ বয়স আছিল তেইছ বছৰ ৷ দেউতাকৰ মৃত্যুৰ সময়ত মাক গৰ্ভৱতী আছিল। জীৱিকাৰ কোনো সংস্থান নথকাৰ ফলত মাকে শিশু লালবাহদুৰ আৰু বায়েক কৈলাশী দেৱীৰে সৈতে ৰামনগৰৰ পৰা মোগল শৰাই লৈ আহে। তাতে ১৯০৬ চনৰ জুলাই মাহত লালবাহাদুৰ শাস্ত্ৰীৰ ভনীয়েক সুন্দৰী দেৱীৰ জন্ম হয়। দুর্ভাগ্যবশতঃ ১৯০৮ চনৰ মাজ ভাগত ষ্ট্ৰোক হৈ ককাক হাজাৰী লাল মৃত্যু মুখত পৰে আৰু হাজাৰী লালৰ ককায়েক দৰবাৰী লালে তেওঁলোকৰ ভৰণ-পোষণৰ দায়িত্বভাৰ গ্ৰহণ কৰে। দৰবাৰী লালৰ মৃত্যুৰ পাছত তেওঁৰ জ্যেষ্ঠ পুতেক বিন্দেশ্বৰী প্ৰসাদে তেওঁলোকৰ দায়িত্বভাৰ গ্ৰহণ কৰে । বিন্দেশ্বৰী প্ৰসাদ মোগল শৰাইত শিক্ষক হিচাপে কৰ্মৰত আছিল । এয়া আছিল ভাৰতীয় যৌথ পৰিয়ালৰ পৰাম্পৰাগত মহত্ত্বৰ পৰিচায়ক। আত্মীয়ৰ এই উদাৰতাৰ বাবেই কপৰ্দ্দক শূন্য বিধবা মাতৃৰ সন্তান লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ দৰে এখন জনবহুল দেশৰ প্রধান মন্ত্ৰীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল ।

লালবাহাদুৰ শাস্ত্ৰী কায়স্থ পৰিয়ালৰ সন্তান আছিল। কায়স্থ পৰিয়ালৰ সন্তানে তেতিয়া উর্দূ আৰু সংস্কৃতি বিষয়ত শিক্ষা গ্ৰহণ কৰিব লাগিছিল । কাৰণ উর্দূ আৰু পাৰ্চী তেতিয়া চৰকাৰী ভাষা আছিল ৷ ফলত লালবাহাদুৰ শাস্ত্ৰীয়ে মাথোন চাৰি বছৰ বয়সত মোগল শৰাইৰ পূৰ্ব ৰে'লৱে ইণ্টাৰ কলেজত বুদন মিঞা নামৰ এগৰাকী মৌলভীৰ ওচৰত শিক্ষা জীৱন আৰম্ভ কৰিছিল। তেওঁ তাত ষষ্ঠ শ্ৰেণীলৈ অধ্যয়ন কৰে ৷ ১৯১৭ চনত বিন্দেশ্বৰী প্ৰসাদ বানাসী লৈ বদলি হৈ যায়। ফলত ৰামদুলাৰী দেৱীৰ লগতে সম্পূৰ্ণ পৰিয়াল বানাসী লৈ উঠি যাব লগা হয় । লালবাহাদুৰ শাস্ত্ৰী বানাৰসীত হৰিশ্চন্দ্ৰ হাইস্কুলত সপ্তম শ্রেণীত ভৰ্ত্তি হয়।

হৰিশ্চন্দ্ৰ হাইস্কুলত নিশ্বকামেশ্বৰ মিশ্ৰ নামৰ এগৰাকী দেশভক্ত আৰু হৃদয়বান শিক্ষক আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰীক তেওঁৰ ল'ৰা- ছোৱালীৰ ঘৰুৱা শিক্ষক হিচাপে নিয়োগ কৰি আৰ্থিক সহায়ৰ হাত আগবঢ়াইছিল। মিশ্ৰৰ দেশপ্ৰেমত উদ্বুদ্ধ হৈ লালবাহাদুৰ শাস্ত্ৰী স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁ ইতিহাসৰ লগতে স্বামী বিবেকানন্দ, বাল গংগাধৰ তিলক, মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, এনি বেচাণ্ট আদিৰ দৰে কেইগৰাকীমান বিশেষ ব্যক্তিত্বৰ কৰ্মৰাজি ওপৰত অধ্যয়ন কৰিবলৈ লয়। দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষা লৈ মাথোন তিনি মাহ বাকী থাকোঁতে ১৯২১ চনৰ জানুৱাৰী মাহত বানাসত মহাত্মা গান্ধী আৰু পণ্ডিত মদন মোহন মালব্যই অংশ গ্রহণ কৰা এখন জনসভাত অংশ গ্ৰহণ কৰে। উক্ত জনসভাত মহাত্মা গান্ধীয়ে চৰকাৰী বিদ্যালয় ত্যাগ আৰু অসহযোগ আন্দোলনত যোগদান কৰিবলৈ ছাত্ৰসকলৰ প্ৰতি আহ্বান জনায়। পাছদিনাই লালবাহাদুৰ শাস্ত্ৰীয়ে হৰিশ্চন্দ্ৰ হাইস্কুলৰপৰা নাম প্ৰত্যাহাৰ কৰি কংগ্ৰেছ দলৰ স্বেচ্ছাসেৱক হিচাপে যোগদান কৰে। কিছুদিন পাছতে তেওঁক গ্ৰেপ্তাৰ কৰি জেল লৈ প্ৰেৰণ কৰা হয়। কিন্তু অপ্রাপ্ত বয়স্ক হোৱাৰ কাৰণে জে'লৰপৰা তেওঁক মোকলাই দিয়া হয়। বানাৰস হিন্দু ইউনিভাৰচিটিৰ প্ৰৱক্তা জে, বি, কৃপালনি লালবাহাদুৰ শাস্ত্ৰীৰ নিকট পর্যবেক্ষক আছিল। তেওঁ স্বাধীনতা আন্দোলনৰ প্ৰখ্যাত নেতা আৰু গান্ধীজীৰ অনুগামী আছিল। যুৱ স্বেচ্ছাসেৱকসকলৰ উচ্চশিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ আৰু তেওঁৰ বন্ধু ভি, এন, শৰ্মাই বানাসত এটি শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে। এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায় অতি উৎসাহী, উদাৰ তথা জাতীয়তাবাদী কংগ্ৰেছ কৰ্মী শিৱপ্ৰসাদ গুপ্তা নামৰ এগৰাকী ধনবান ব্যক্তিয়ে। ১৯২১ চনৰ ১০ ফেব্ৰুৱাৰীত মহাত্মা গান্ধীয়ে অনুষ্ঠানটো শুভ উদ্বোধন কৰে। নতুন অনুষ্ঠানৰ প্ৰথম ছাত্ৰ হিচাপে লালবাহাদুৰ শাস্ত্ৰীয়ে দৰ্শন আৰু নীতি-শাস্ত্ৰ বিষয়ত ১৯২৫ চনত প্ৰথম শ্রেণীত স্নাতক ডিগ্রী লাভ কৰে। ফলত তেওঁক শাস্ত্ৰী উপাধি প্ৰদান কৰা হয় । কাৰণ সেইখন শিক্ষানুষ্ঠানৰপৰা উত্তীৰ্ণ হোৱা সকলো স্নাতকক শাস্ত্রী উপাধি প্ৰদান কৰা হৈছিল। শেষলৈ সেই উপাধিটোৱে তেওঁৰ নামৰ অংশ হৈ পৰে৷

লালবাহদুৰ শাস্ত্ৰী লালা লাজপত ৰায় প্ৰতিষ্ঠিত লোকসেৱক মণ্ডলৰ আজীৱন সদস্য পদত ভৰ্ত্তি হৈ গান্ধীজীৰ নিৰ্দেশনাত হৰিজনসকলৰ মংগলৰ কাৰণে মুজাফ্‌ফ্ফৰপুৰত কাম কৰিবলৈ আৰম্ভ কৰে। শেষলৈ তেওঁ লোকসেৱক মণ্ডলৰ সভাপতি পদ অলংকৃত কৰে। ১৯২৮ চনৰ ১৬ মে' মাহত তেওঁ ললিতা দেবীৰ লগত বিবাহপাশত আৱদ্ধ হয়। গান্ধীজীৰ আহ্বানক্রমে লালবাহাদুৰ শাস্ত্ৰী ১৯২৮ চনত কংগ্ৰেছৰ সক্ৰিয় কৰ্মী হৈ পৰে আৰু ১৯২০ চনত লোণ আইন ভংগ আন্দোলনত অংশ গ্ৰহণ কৰে। ফলত তেওঁ আঢ়ৈ বছৰৰ কাৰণে জে'ললৈ যাব লগা হয়। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ পাৰ্লিয়ামেণ্টাৰি বোৰ্ডৰ সাংগঠনিক সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। সত্যাগ্রহ আন্দোলনত সহযোগিতা কৰাৰ কাৰণে ১৯৪০ চনত তেওঁ পুনৰ এবছৰৰ কাৰণে জে'ললৈ যাব লগা হয। ১৯৪২ চনৰ ৮ আগষ্টত গান্ধীজীয়ে ব্ৰিটিচ চৰকাৰৰ ভাৰতত্যাগৰ দাবী কৰি মুম্বাইৰ গোৱালিয়া টেংকত ভাৰতত্যাগ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। লালবাহাদুৰ শাস্ত্ৰীয়ে তেতিয়া মাথোন এবছৰীয়া কাৰাবাসৰ ম্যাদ খাটি এলাহাবাদলৈ গৈছিল। কিছুদিন পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ১৯৪৬ চনলৈ জেলত আৱদ্ধ কৰি ৰখা হয়। তেওঁ প্ৰায় ন বছৰ কাল জেলত কটায়। জেলত থকা সময়খিনি তেওঁ গ্ৰন্থ অধ্যয়ন কৰি পাৰ কৰিছিল। এই অধ্যয়নৰ যোগেদি তেওঁ প্ৰাচ্যত্ব দৰ্শন, বিপ্লবী আৰু সমাজ সংস্কাৰমূলক কৰ্মৰ বিষয়ে অৱগত হয়।

দেশ স্বাধীন হোৱাৰ পাছত শাস্ত্ৰীক গৃহজিলা উত্তৰ প্ৰদেশৰ পাৰ্লিয়ামেণ্টাৰি চেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হয় । ৰফি আহমেদ কিদৱাই কেন্দ্রীয় মন্ত্ৰী হিচাপে যোগদান কৰাৰ ফলত তেওঁ গোবিন্দবল্লভ পন্ত চৰকাৰৰ পুলিচ আৰু ট্ৰেন্সপোর্ট মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ট্ৰেন্সপোর্ট মন্ত্ৰী হিচাপে তেওঁ প্ৰথম মহিলা কণ্ডাক্টৰ নিযুক্তি দিয়ে। পুলিচ বিভাগৰ মন্ত্ৰী হিচাপে অবাধ্য জনতাক ছত্রভংগ দিওৱাৰ বাবে তেওঁ লাঠি চার্জৰ পৰিৱৰ্ত্তে পানী নিক্ষেপৰ বাবে আদেশ দিয়ে । পুলিচ বিভাগৰ মন্ত্ৰী (১৯৫০ চনৰপৰাগৃহমন্ত্রী) হিচাপে তেওঁ ১৯৪৭ চনৰ সাম্প্রদায়িক সংঘর্ষ, শৰণাৰ্থী সমস্যা কৃতকাৰ্যতাৰে সমাধান কৰে। লালবাহাদুৰ শাস্ত্ৰী গৃহমন্ত্ৰী হৈ থকাৰ সময়ত পুতেকে স্কুলৰ ফিচ আৰু কিতাপ কিনাৰ কাৰণে টকা বিচাৰিছিল। তেতিয়া তেওঁ টকা দিব নোৱাৰি কৈছিল- বেতন পালেহে টকা দিব পাৰিম, এতিয়া টকা নাই। ইয়াৰপৰা তেওঁৰ সততাৰ পৰিচয় পোৱা যায়।

১৯৫১ চনত জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হোৱাৰ পাছত লালবাহাদুৰ শাস্ত্ৰীক নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ জেনেৰেল চেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হয়। কংগ্ৰেছ কমিটিৰ জেনেৰেল চেক্ৰেটাৰী হিচাপে তেওঁ ১৯৫২, ১৯৫৭, আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। ১৯৫২ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ফুলপুৰ ওৱেষ্ট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ৬৯ শতাংশ ভোট লাভ কৰি বিজয় সাস্ত কৰে। তেওঁক উত্তৰ প্ৰদেশৰ গৃহমন্ত্ৰী হিচাপ ৰখা হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও হঠাৎ জৱাহৰলাল নেহৰু তেওঁক কেন্দ্ৰৰপৰা মাতি পঠিয়ায় আৰু তেওঁক ১৯৫২ চনৰ ১৩ মে'ত ৰেলৱে মন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। তেওঁ ৰে'লমন্ত্ৰী হৈ থকা সময়ত হায়দাবাদত ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল। ফলত ৰে'ল দুৰ্ঘটনাৰ দায়িত্ব নিজে মূৰ পাতি লৈ তেওঁ ৰে'লমন্ত্ৰী পদৰপৰা ইস্তফা দি নৈতিকতাৰ পৰিচয় দিছিল।

১৯৬৪ চনৰ ২৭ মে'ত জৱাহৰলাল নেহৰুৰ পৰলোকপ্ৰাপ্তি হয়। তেতিয়া কংগ্ৰেছৰ সভাপতি আছিল কে, কামৰাজ। কামৰাজৰ উদ্যোগত লালাবাহাদুৰ শাস্ত্রীয়ে ৯ জুনত ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধান দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ মাথোন ওঠৰ মাহ প্ৰধান মন্ত্ৰীৰ দায়িত্বত আছিল । এই ওঠৰ মাহত তেওঁ ভাৰতক আর্থিকভাবে স্বাৱলম্বী কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত তেওঁ গাখীৰৰ উৎপাদন আৰু সৰবৰাহ বৃদ্ধিৰ বাবে 'নেচনেল ডায়েৰী ডেভলপমেণ্ট বোর্ড' গঠন কৰি শ্বেত আন্দোলন গঢ়ি তুলিছিল। ১৯৬৪ চনৰ ৩১ অক্টোবৰত তেওঁ গুজৰাটৰ কানজাতি আমূল ফেক্টৰীৰ শুভ উদ্বোধন কৰিছিল। তেওঁ তাতে কৃষকসকলৰ লগত নিশা যাপন কৰিছিল আৰু তেওঁলোকৰ লগত নৈশ ভোজন গ্ৰহণ কৰিছিল ৷ ইয়াৰ পাছতে তেওঁ ১৯৬৫ চনত 'নেচনেল ডায়েৰী ডেভলপমেণ্ট বোর্ড' গঠন কৰি দিয়ে । ভাৰত খাদ্যৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁ সেউজ বিপ্লৱ গঢ়ি তোলাৰ কাৰণে ১৯৬৪ চনৰ ফুড কৰ্পোৰেচন এক্ট'ৰ অধীনত নেচনেল এগ্রিকালচালে প্রোডাক্টচ বোর্ড' গঠন কৰে। দেশৰ অভ্যন্তৰীণ শান্তিৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। ইয়াৰ ভিতৰত মাদ্ৰাজ আৰু অসমৰ ভাষা আন্দোলন উল্লেখযোগ্য। ১৯৬৫ চনত মাদ্ৰাজত হিন্দী ভাষা বিৰোধী আন্দোলন গা কৰি উঠিছিল। তামিলসকলে যিমান দিনলৈকে বিচাৰে অফিচ-আদালতত ইংৰাজী ভাষা ব্যৱহাৰ কৰিব পাৰিব বুলি নিশ্চয়তা প্ৰদান কৰি সেই আন্দোলন প্রশমিত কৰিছিল। অসমৰ ভাষা আন্দোলনে তেওঁৰ দিনতে নিষ্পত্তি হৈছিল।

বৈদেশিক নীতিৰ নীতিৰ ক্ষেত্ৰতো লালবাহাদুৰ শাস্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি গৈছে। লালবাহদুৰ শাস্ত্ৰীয়ে ৰাচিয়াৰ লগত নিকট সম্বন্ধ গঢ়ি তুলিছিল। চীন আৰু পাকিস্থানৰ লগত ভাৰতৰ সম্বন্ধ ভাল নথকাৰ ফলত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বাজেট বঢ়াবলৈ সিদ্ধান্ত লৈছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীয়ে শ্ৰীলংকাৰ প্ৰধান মন্ত্ৰী চিৰিমাভু বন্দনায়েকৰ লগত ভাৰতীয় তামিল সকলৰ অৱস্থা সম্পর্কে এটি চুক্তি সম্পাদন কৰিছিল। এই চুক্তিক চিৰিমা- শাস্ত্ৰী চুক্তি বা বন্দনায়েক চুক্তি হিচাপে জনা যায়। তেওঁৰ প্ৰধান মন্ত্ৰিত্ব কালত কেবাটাও উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে। ভাৰত-নেপাল সম্পর্ক উন্নত কৰাৰ ক্ষেত্ৰত লালবাহাদুৰ শাস্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল। ১৯৬৫ চনত ভাৰত-পাক যুদ্ধত ভাৰতৰ বিজয় সাস্ত কৰি লালবাহাদুৰ শাস্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ শিৰ উন্নত কৰিছিল। এই সময়তে তেওঁ জয় জোৱান, জয় কিষাণ শ্লোগান দিছিল। এই শ্লোগানৰ জৰিয়তে শাস্ত্রীয়ে ক'ব খুজিছিল যে, দেশৰ সুৰক্ষাৰ কাৰণে যিদৰে জোৱান গুৰুত্বপূৰ্ণ সেইদৰে দেশৰ সমৃদ্ধিৰ ক্ষেত্ৰত কৃষক গুৰুত্বপূৰ্ণ। ১৯৬৫ চনৰ চেপ্তেম্বৰ মাহত ভাৰত-পাক যুদ্ধ আৰম্ভ হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত ২৩ চেপ্তেম্বৰত এই যুদ্ধ অন্ত পৰিছিল। ভাৰত-পাক সম্বন্ধ মৈত্রীপূৰ্ণ কৰাৰ কাৰণে ৰাচিয়াৰ ৰাষ্ট্ৰপতি এলেক্সি কোচিগানৰ আমন্ত্ৰণ মৰ্মে আয়ূৱ খান আৰু শাস্ত্ৰী ১৯৬৬ চনৰ ১০ জানুৱাৰী তাচকন্দলৈ যায়। তাত কোচিগানৰ মধ্যস্থতাত এখন চুক্তিপত্ৰ তৈয়াৰ কৰা হয়। ই তাচকন্দ চুক্তি নামেৰে বিখ্যাত। ১১ জানুৱাৰী উক্ত চুক্তি স্বাক্ষৰ কৰাৰ পাছতে দুপৰীয়া ২ বজাত হৃদক্রিয়া বন্ধ হৈ লালবাহাদুৰ শাস্ত্ৰীৰ পৰলোকপ্ৰাপ্তি হয়। তেওঁৰ আকস্মিক মৃত্যুত সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰে। সমগ্ৰ ভাৰত ব্যাপী বৈ যায় শোকৰ বন্যা। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজনী জীয়েক আৰু তিনিজন ল'ৰা সন্তান এৰি থৈ যায়। তেওঁৰ জন্ম দিৱসটো লালাবাহাদুৰ শাস্ত্ৰী জয়ন্তী হিচাপে উদযাপন কৰা হয় ৷**

 

   আবুল কালাম আজাদৰ জীৱন আৰু কৰ্ম

               (ৰাষ্ট্ৰীয় শিক্ষা দিৱস)

ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্রী মৌলনা আবুল কালাম আজাদৰ জন্ম ১৮৮৮ চনৰ ১১ নৱেম্বৰত চৌদি আৰবৰ মক্কা নগৰত। তেওঁৰ প্রকৃত নাম আছিল আবুল কালাম মহিয়ুদ্দিন আহমদ আজাদ। তেওঁৰ দেউতাকৰ নাম আছিল খয়েৰ উদ্দিন আৰু মাকৰ নাম আছিল জুলায়খা। আজাদৰ পূৰ্বপুৰুষসকল মোগল সম্রাট বাবৰৰ দিনত পাৰস্যৰ খোৰাচান প্ৰদেশৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰি আহিছিল আৰু বংগত বসবাস কৰিবলৈ লৈছিল। খয়েৰ উদ্দিন সুপণ্ডিত আৰু সুলেখক আছিল। প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধৰ সময়ত তেওঁ আৰবলৈ গৈ কিছুদিন মক্কাত বসবাস কৰিছিল। মক্কাত বসবাস কৰাৰ সময়ত তেওঁ ভাৰতৰ বংগীয়মূলৰ মদিনাৰ বাসিন্দা শ্বেইখ মোহাম্মদ উতৰীৰ জীয়েক জুলায়খা বেগমৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু আজাদৰ জন্মৰ দুবছৰ পাছত অৰ্থাৎ ১৮৯০ চনত পুনৰ ভাৰতলৈ আহি কলিকতাত বসবাস কৰিবলৈ লয়। আজাদ ঘৰুৱা শিক্ষকৰ ওচৰত বাংলা, উর্দু, পাৰ্ছী, এৰাবিক আৰু ইংৰাজী ভাষা শিকিছিল। তেওঁ ইছলামিক শিক্ষাৰ লগতে গণিত, দৰ্শন, বুৰঞ্জী আৰু বিজ্ঞানো শিকিছিল।

আজাদ এগৰাকী জ্ঞানপিপাসু আৰু তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। বাৰ বছৰ বয়স নৌহওঁতেই তেওঁ এটি পুথিভড়াল আৰু ডেবেটিং ছোছাইটি স্থাপন কৰি জ্ঞানৰ প্ৰতি থকা ধাউতিৰ পৰিচয় দিছিল। তেওঁ ইমাম গাজ্জালীৰ জীৱনৰ আধাৰত গজলো লেখিছিল। মাথোন চৈধ্য বছৰ বয়সতে তেতিয়াৰ বিখ্যাত আলোচনী মাখজানৰ পাতত এটি জ্ঞানগর্ভ প্ৰৱন্ধ লেখি তেওঁ নিজৰ জ্ঞানৰ পৰিচয় দিছিল। ষোল্ল বছৰ বয়সত তেওঁ সকলো ধৰণৰ বিদ্যাত পাৰ্গত হৈ উঠিছিল আৰু ১৯০৪ চনত মাথোন মাথোন ষোল্ল বছৰ বয়সত লাহোৰত অনুষ্ঠিত হোৱা আঞ্জুমানে হেমায়তে ইছলাম'ৰ এক অধিৱেশনত জ্ঞানগর্ভ বক্তৃতা প্ৰদান কৰি সৰ্বভাৰতীয় সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ ১৯০০ চনত মিছবাহ' নামৰ এখন আলোচনী সম্পাদনা কৰাৰ লগতে ১৯০৩ চনত লেছান-উছ-ছিদক' নামৰ এখন মাহেকীয়া আলোচনী সম্পাদনা কৰিছিল। আলোচনী দুখনে জনপ্রিয়তাও অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ল'ৰালিৰেপৰা আজাদে কবিতাকে আদি কৰি ধৰ্মীয় দৰ্শনৰ ওপৰত দীঘলীয়া প্ৰৱন্ধ ৰচনা কৰি নিজৰ জ্ঞানৰ পৰিচয় দিছিল।

আজাদক আমি এগৰাকী স্বাধীনতা সংগ্রামী আৰু ৰাজনৈতিক নেতা হিচাপে জানো যদিও সাংবাদিক হিচাপেও তেওঁ দক্ষতাৰ পৰিচয় দিছিল। আজাদে ১৯১২ চনত আল হিলাল’ (কাঁচিজোন) নামকৰণেৰে এখন উৰ্দু সপ্তাহিক আলোচনী প্ৰকাশ কৰি উলিয়াইছিল। আল হিলালে উর্দূ সাহিত্য আৰু সাংবাদিকতাৰ জগতত এক নতুন দিগন্ত সূচনা কৰিছিল। ভাব, ভাষা আৰু সাহিত্য ৰসৰ ফালৰপৰা আলোচনীখন খুবেই উচ্চ পৰ্যায়ৰ আছিল আৰু পত্ৰিকাখনৰ জৰিয়তে আজাদে ব্ৰিটিছৰ বিভেদ নীতিক চোকা সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ বাতাৱৰণ সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিছিল। ফলত প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে পত্ৰিকাখন নিষিদ্ধ কৰে আৰু ১৯১৬ চনত তেওঁক ৰাঁচীত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

জে'লৰপৰা মুক্ত হৈ আজাদ খিলাফত আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু আফগানিস্থান, ইৰাক, ইজিপ্ত, তুর্কী আদি দেশ ভ্রমণ কৰে ৷ ভ্ৰমণ কালত তেওঁ জামালুদ্দিন আফগানী, শ্বেইখ মহম্মদ আব্দুলু, ছায়াদ জদালুল পাছাৰ সান্নিধ্য লৈ আহে আৰু তেওঁলোকৰ আদৰ্শত অনুপ্ৰাণিত হৈ ভাৰতৰ জাতীয় স্বাধীনতা আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ পৰে। ভাৰতলৈ আহি তেওঁ অৰবিন্দ ঘোষ আৰু শ্যামসুন্দৰ চক্ৰৱৰ্ত্তীৰ সান্নিধ্যলৈ আহি বিপ্লৱী ভাবাপন্ন হৈ উঠে আৰু সংগঠনৰ কামত নিয়োজিত হৈ বংগ, বিহাৰ, মুম্বাই আৰু দিল্লীলৈ গৈ ভাষণ প্ৰদান কৰি জনসাধাৰণক স্বাধীনতাৰ প্ৰতি আকৃষ্ট কৰি তোলে। ফলত তেওঁ বিপ্লৱীসকলৰ দ্বাৰা প্ৰশংসিত হয় ।

হিন্দু-মুছলমান উভয় সম্প্রদায়ক স্বাধীনতাৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে এই সময়ছোৱাত আজাদ লালবাগ নামৰ এখন নতুন পত্রিকা প্ৰকাশ কৰিবলৈ লয়। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল কিছু পৰিমাণে হ'লেও কট্‌টীয়া হয়তেওঁ খিলাফত আন্দোলনৰ প্ৰতিও সমর্থন আগবঢ়াইছিল। লালবাগ পত্রিকাখনৰ জৰিয়তে তেওঁ ভাৰতীয় মুছলমানক খিলাফত আন্দোলনৰ ভাবনাৰে উদ্বুদ্ধ কৰি ৰাজনৈতিকভাবে শক্তিশালী আৰু সামাজিকভাবে সচেতন কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। ১৯১৯ চনত প্ৰৱৰ্তন কৰা ৰাওলাট এক্টৰ বিৰুদ্ধে অসহযোগ আন্দোলনতো তেওঁ যোগদান কৰিছিল। ফলত দোপত-দোপে আজাদৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰে। আজাদৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি ব্ৰিটিছ চৰকাৰে ভাৰতীয় প্ৰতিৰক্ষা ৰেগুলেশ্বন এক্টৰ অধীনত লালবাগ প্রত্রিকাখন নিষিদ্ধ কৰে আৰু বোম্বে প্রেচিডেন্সী, যুক্তপ্রদেশ, পঞ্জাৱ আৰু দিল্লীত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰে। ১৯২০ চনৰ ১ জানুৱাৰীত তেওঁক জে'লৰপৰা মুক্তি দিয়া হয়।

জেলৰপৰা মুক্ত হৈ আজাদ ব্ৰিটিছৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠে আৰু তুৰস্কৰ খলিফাৰ প্ৰতি সমর্থন জনাই খিলাফত আন্দোলনৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰে। খিলাফত আন্দোলন ভৰপক হৈ উঠাৰ সময়ত মুছলমানসকলক জাতীয় আন্দোলনৰ লগত জড়িত কৰাৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে খিলাফত আন্দোলনৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ লয় । আজাদ আৰু আলী ভ্রাতৃদ্বয়ে এই সন্দৰ্ভত মহাত্মা গান্ধীক উষ্ম আদৰণি জনায় আৰু অসহযোগ আন্দোলনৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়াই ব্ৰিটিছৰদ্বাৰা স্থাপিত আৰু পৰিচালিত স্কুল-কলেজ, চৰকাৰী খেতাব ও উপাধি বর্জন, বিদেশী বস্তু বর্জনকে আদি কৰি চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলে ব্ৰিটিছ চৰকাৰৰ লগত অসহযোগিতা কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত আজাদ মহাত্মা গান্ধীৰ সান্নিধ্য লৈ আহে আৰু অহিংসা নীতিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছৰ সদস্য হৈ পৰে। আজাদ তেতিয়া সৰ্বভাৰতীয় খিলাফত কমিটিৰো সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। অসহযোগ আন্দেলনত অংশ গ্ৰহণ কৰাৰ কাৰণে অন্যান্য নেতাসকলৰ লগতে ব্ৰিটিছ চৰকাৰে আজাদকো গ্ৰেপ্তাৰ কৰে। ফলত আন্দোলন সাধাৰণ মানুহৰ মাজলৈ সম্প্ৰসাৰিত হয় আৰু শান্তিপূর্ণ বিক্ষোভ, সমদল, হৰতাল আদি পালিত হয়।

এই সময়ছোৱাত আজাদৰ জীৱনৰ গতিপথ সলনি হয়। খিলাফত আন্দোলনৰ সহযোগী মুখতাৰ আহমদ আনছাৰি, হাকিম খান আদিৰ লগতে আজাদ ব্যক্তিগতভাবে মহাত্মা গান্ধীৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ পৰে। মুখতাৰ আহমদ আৰু হাকিম খানৰ লগত লগ লাগি আজাদে চৰকাৰী সাহায্য অবিহনে দিল্লীত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জামিয়া মিলিয়া স্থাপন কৰে। এই সময়ছোৱাতে আজাদ আৰু মহাত্মা গান্ধী মাজে-সময়ে ধর্মীয় বিষয়ক গভীৰ আলোচনাত মিলিত হৈছিল আৰু লাহে লাহে উভয়ৰ বন্ধুত্ব নিবিড় হৈ উঠিছিল। আজাদ হজৰত মহম্মদৰ আদৰ্শ অনুসৰি সাধাৰণ জীৱন যাপন কৰিছিল আৰু পাৰ্থিৱ আমোদ-প্রমোদৰপৰা আঁতৰি থাকিছিল। মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ আজাদে খাদী কাপোৰ ব্যৱহাৰ আৰু চৰখাত সূতা কটিবলৈ লয়। এই সময়তে আজাদ মহাত্মা গান্ধীৰদ্বাৰা স্থাপিত আশ্ৰমলৈ অহা-যোৱা কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে আশ্ৰম জীৱনৰ লগত জড়িত হৈ পৰে। আশ্ৰম জীৱনৰ লগত জড়িত হৈ পৰাৰ ফলত তেওঁ অহংস নীতিৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠে আৰু জৱাহৰলাল নেহৰু, চিত্তৰঞ্জন দাস আৰু সুভাষ বসুৰ লগত সম্পৰ্ক গঢ়লৈ উঠে।

আজাদ কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি ইমানেই একনিষ্ঠ ও আস্থাশীল আছিল যে, তেতিয়াৰ মুছলিম নেতাসকলকো তেওঁ সমালোচনাৰে থকা-সৰকা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল । আলিগড় বিশ্ববিদ্যালয়ৰ লগত জড়িত তেতিয়াৰ বৌদ্ধিক মহল আৰু মুছলিম লীগৰ নেতাসকলৰ কংগ্ৰেছৰ প্ৰতি থকা সন্দেহপ্ৰৱণ মনোভাৱক তেওঁ চোকা ভাষাৰে সমালোচনা কৰিছিল। তেওঁ ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ভাৰতক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। দলৰ প্ৰতি থকা আনুগত্য, নিষ্ঠা আৰু অদম্য কৰ্মস্পৃহাৰ প্ৰতি লক্ষ্য কৰি ১৯২৩ চনত মাথোন ৩৫ বছৰ বয়সত তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কনিষ্ঠতম সভাপতি আছিল। ১৯৩৯ চনৰপৰা ১৯৪৬ চনলৈ আজাদ পুনৰ জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ অন্যান্য নেতাসকলৰ লগত কাৰাবাস বৰণ কৰিছিল।

উল্লেখযোগ্য যে, আজাদ তেতিয়াৰ অন্যান্য মুছলিম নেতাতকৈ আদৰ্শৰ ফালৰপৰা ব্যতিক্ৰম আছিল। কাৰণ ভাৰতৰ সকলো মুছলিম নেতাই যেতিয়া বংগ ভংগ সমৰ্থন কৰিছিল একমাত্র আজাদেই ইয়াৰ বিৰোধিতা কৰিছিল । মুছলিম লীগে যেতিয়া ভাৰত বিভাজনৰ পোষকতা কৰিছিল আজাদ তেতিয়া কংগ্ৰেছৰ লগত থাকি ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। ফলত কংগ্ৰেছ দলে তেওঁক যথোচিত সন্মান প্রদর্শন আৰু গুৰুত্ব প্ৰদান কৰিছিল। আজাদে ১৯৩৭ চনত কংগ্ৰেছৰ তিনিজনীয়া পার্লামেণ্টৰী বোৰ্ডৰ সদস্য হিচাপে কংগ্ৰেছৰ নীতি নিৰ্দ্ধাৰণত বিশেষ ভূমিকা পালন কৰিছিল। ক্ৰিপচ মিছন, কেবিনেট মিছন আৰু চিমলা কনফাৰেন্সত ভাৰতৰ স্বাধীনতা সম্পৰ্কে হোৱা আলোচনাত অংশ গ্রহণ কৰি আজাদে গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছিল। ১৯৪৭ চনত গঠন হোৱা মধ্যৱৰ্ত্তীকালীন চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁক নিৰ্বাচন কৰা হৈছিল। ভাৰত বিভাজনৰ পাছতো তেওঁক শিক্ষা, কৃষ্টি আৰু বৈজ্ঞানিক গৱেষণা দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল আৰু মৃত্যুৰ মুহূৰ্তলৈকে তেওঁ উক্ত পদ অলংকৃত কৰিছিল। শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁ বিনামূলীয়া প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰাৰ লগতে আধুনিক উচ্চশিক্ষাৰ অনুষ্ঠান ‘Indian Institute of Technology’, ‘University Grants commission' প্রতিষ্ঠা কৰিছিল। জীৱিতকালতে তেওঁক ভাৰতৰত্ন প্ৰদানৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যদিও তেওঁ নিজে সেই নির্বাচক কমিটিৰ সদস্য হোৱাৰ কাৰণে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। অৱশ্যে মৰণোত্তৰভাবে ১৯৯২ চনত তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে।

আজাদ মাথোন একনিষ্ঠ স্বাধীনতা সংগ্রামী, বিচক্ষণ, উদাৰ, তীক্ষ্ণ বিচাৰ-বুদ্ধিসম্পন্ন ৰাজনীতিবিদ আৰু সুবক্তাই নাছিল, এগৰাকী চিন্তাশীল লেখক হিচাপেও তেওঁ পাঠকৰপৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। উন্নত লিখনশৈলী, ভাবৰ গভীৰতা, তীক্ষ্ণ যুক্তি, সূক্ষ্ম পর্যবেক্ষণ আৰু প্ৰকাশভংগীৰ চমৎকাৰিত্বৰ বাবে তেওঁৰ লেখনিসমূহ পাঠকৰদ্বাৰা সমাদৃত হৈছিল। নিৰ্ভীক, সত্যবাদী, উদাৰ, যুক্তিনিষ্ঠ লিখনিৰ বাবে তেওঁ ৰচনা কৰা গ্ৰন্থসমূহে আজিও পাঠকৰপৰা সমানে সমাদৰ বুটিবলৈ সক্ষম হৈ আছে। তেওঁৰ আত্মজীৱনী মূলক গ্রন্থ তাজকিৰা, আজাদী কী কাহানী, তজামূল কোৰাণ, কাৰৱানে খেয়াল, গোবাৰে খাটিৰ আদি যুগমীয়া তথা মূল্যবান গ্রন্থ। তেওঁৰ আন এখন উল্লেখযোগ্য আৰু অন্তিমখন গ্ৰন্থ হইণ্ডিয়া উইনচ্ ফ্রিডম'গ্ৰন্থখনৰ বিষয়বস্তু তেওঁ মুখে মুখে কৈ গৈছিল আৰু হুমায়ূন কবীৰে ইংৰাজীত অনুবাদ কৰি লেখি গৈছিল। সংগ্ৰামৰ বহু ভিতৰুৱা তথা তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত । গ্ৰন্থখনত আজাদৰ তীক্ষ্ণ বিশ্লেষণ ক্ষমতা, নিৰ্ভীকতা আৰু সত্যবাদিতাৰ প্ৰমাণ পোৱা যায়। এইগৰাকী মহান শিক্ষাবিদ, চিন্তাশীল লেখক তথা বিচক্ষণ ৰাজনীতিবিদৰ ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত দেহাৱসান হয়। ভাৰত চৰকাৰে তেওঁৰ জন্মদিন ১১ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰিবলৈ লৈছে। এয়া খুবেই সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপ হৈছে।**

 

            নেতাজী সুভাষ চন্দ্র বসু

                   (জন্ম দিৱসৰ শ্ৰদ্ধাঞ্জলি)

ভাৰতীয় ইতিহাসত সবাতোকৈ চৰ্চিত ৰাজনীতিবিদ প্ৰবাদ পুৰুষ সুভাষ চন্দ্ৰ বসুৰ জন্ম ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত ৷ মাক-দেউতাকৰ চৈধ্যজন ল'ৰা-ছোৱালীৰ মাজত সুভাষ চন্দ্ৰ বসু নৱম সন্তান আছিল । তেওঁৰ দেউতাকৰ নাম আছিল জানকী নাথ বসু আৰু মাকৰ নাম প্ৰভাৱতী দেৱী। দেউতাক জানকী নাথ বসু বৃত্তিত এগৰাকী উকিল আছিল আৰু মাক প্ৰভাৱতী দেবী এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল। পাঁছ বছৰ বয়স অর্থাৎ ১৯০২ চনত তেওঁক ব্যাপটিষ্ট সকলৰদ্বাৰা পৰিচালিত ইউৰোপীয়ান প্ৰটেষ্টাণ্ট স্কুলত ভৰ্ত্তি কৰি দিয়া হয় ৷ ১৯০৯ চনত তেওঁক ৰেভেনশ্ব কলেজিয়াট স্কুললৈ স্থানান্তৰ কৰা হয়। উক্ত স্কুলৰপৰা তেওঁ ১৯১৩ চনত দ্বিতীয় স্থান অধিকাৰ কৰি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেচিডেন্সিী কলেজত ভৰ্ত্তি হয়। তাত তেওঁ অধ্যাপক ওটেনৰ লগত অপমানজনক আচৰণ কৰাৰ কাৰণে তেওঁক উক্ত কলেজৰপৰা বহিষ্কাৰ কৰা হয় আৰু তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ স্কটিচ কলেজত ভৰ্ত্তি হয়। ১৯১৮ চনত তেওঁ উক্ত কলেজৰপৰা দৰ্শন বিষয়ত অনাৰ্চলৈ স্নাতক ডিগ্রী লাভ কৰে

'ৰালিৰেপৰাই সুভাষ চন্দ্ৰ বসুৰ ৰামকৃষ্ণ দেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছিল আৰু স্বামী বিবেকান্দৰ আদৰ্শৰ দ্বাৰা গভীৰ বাবে প্ৰভাৱিত হৈছিল। ফলত ছাত্ৰ অৱস্থাৰপৰাই তেওঁ দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ হৈছিল। কিন্তু দেউতাক জানকী নাথ বসুই তেওঁক ভাৰতৰ স্বাধীনতা আন্দোলনপৰা আঁতৰাই ৰাখিব বিচাৰিছিল আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা বিচাৰিছিল। সেয়ে দেউতাকে তেওঁক ১৯১৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে লণ্ডনলৈ পঠিয়ায়. আৰু তালৈ গৈ তেওঁ কেম্‌ব্ৰিজৰ ফিট উইলিয়াম কলেজত ভৰ্ত্তি হয় । আই চি এচ পৰীক্ষাত তেওঁ চতুর্থ স্থান দখল কৰি উত্তীৰ্ণ হয় আৰু চাকৰিৰ বাবে নির্বাচিত হয় ।

ঠিক তেতিয়াই কুখ্যাত জালিৱানৱাগ হত্যাকাণ্ড সংঘটিত হয়। ১৯১৯ চনৰ ১৩ এপ্ৰিলত ৰাওলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ কল্পে অমৃতচৰৰ জালিৱানবাগত প্রায় দহ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈছিল। উক্ত প্ৰতিবাদকাৰীসকলৰ ওপৰত ডায়াৰৰ নিৰ্দ্দেশত প্ৰায় দহ মিনিট সময় ধাৰাষাৰ গুলী বৰ্ষণ কৰা হৈছিল আৰু উক্ত গুলী বৰ্ষণত ৩৭৯ জন লোক নিহত হোৱাৰ লগতে ১২০০ জন লোক আহত হৈছিল । এয়া আছিল চৰকাৰী হিচাপ । প্ৰত্যক্ষদৰ্শী গিৰিধা লালৰ মতে ১০০০ জন লোক মৃত্যুমুখত পৰাৰ লগতে ১৫০০ জন লোক আহত হৈছিল। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ব্ৰিটিচ প্ৰশাসনৰ বিৰুদ্ধে সমগ্ৰ দেশব্যাপী প্ৰতিবাদৰ ধুমুহা উঠিছিল। উক্ত হত্যাকাণ্ডৰ বাতৰি শুনি সুভাষ বসু গভীৰ বাবে মৰ্মাহত হয় আৰু শিক্ষানবীশী সমাপ্ত নকৰাকৈয়ে ১৯২১ চনৰ ২৩ এপ্ৰিলত স্বদেশলৈ উভতি আহে। স্বদেশলৈ আহিয়ে তেওঁ মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ মৰ্চাত যোগদান কৰে। গান্ধীজীয়ে তেওঁক দেশবন্ধু চিত্তৰঞ্জন দাসৰ লগত কাম কৰাৰ কাৰণে নিৰ্দ্দেশ দিয়ে আৰু তেওঁ চিত্তৰঞ্জন দাসক ৰাজনৈতিক গুৰু বুলি স্বীকাৰ কৰি তেওঁৰ অধীনত কাম কৰিবলৈ লয়। ১৯২৩ চনত তেওঁক কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। এই সময় ছোৱাত তেওঁ বেংগল ষ্টেট কংগ্ৰেছৰ সম্পাদক হিচাপেও দায়িত্ব ভাৰ চম্ভালিছিল। দলৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বাবে তেতিয়া তেওঁ স্বাজ নামৰ এটি বাতৰি কাকতো সম্পাদনা কৰিছিল। চিত্তৰঞ্জন দাসে প্রতিষ্ঠা কৰা ফৰৱাৰ্ড নামৰ বাতৰি কাকতখনো তেওঁ সম্পাদনা কৰিছিল। ১৯২৪ চনত চনত তেওঁ কলিকতাৰ মেয়ৰো নিৰ্বাচিত হৈছিল। ১৯২৭ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক হিচাপেও নিৰ্বাচিত হৈছিল। সুভাষ বসুৰ অপৰিমেয় চৰিত্ৰ বল, অফুৰন্ত কর্মশক্তি, সংকল্পৰ অবিচলতা আৰু সাংগঠনিক দক্ষতাৰ ফলত কংগ্ৰেছৰ যুৱ শাখাই ট্রেড ইউনিয়ন আন্দোলন, চাৰ্ভিচ লীগকে আদি কৰি বিভিন্ন বিষয়ত প্রভূত উন্নতি সাধন কৰিবলৈ সক্ষম হৈছিল।

সুভাষ চন্দ্ৰ বসু এগৰাকী বিপ্লৱী ভাৱধাৰাৰ জনপ্ৰিয় ৰাজনৈতিক নেতা আছিল। সাংগঠনিক দক্ষতা আৰু কৰ্মনিষ্ঠাৰ প্ৰতি লক্ষ্য কৰি তেওঁক ১৯৩৭ আৰু ১৯৩৯ চনত দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছেৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। ব্ৰিটিচ চৰকাৰ বিৰোধী কামৰ বাবে ১৯২১ চনৰপৰা ১৯৪১ চনলৈ এই বিছ বছৰত তেওঁ এঘাৰবাৰ জে'ললৈ যাব লগা হৈছিল আৰু সৰ্বনিন্ম ছমাহ আৰু সৰ্বোচ্চ তিনি বছৰলৈকে কাৰাবাস খাটিছিল। ১৯২৪ চনত তেওঁক বাৰ্মাৰ মান্দালয়লৈ নিৰ্বাসিত কৰা হৈছিল আৰু ১৯৩০ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰি ইউৰোপলৈ স্থানান্তৰ কৰা হৈছিল । ১৯৩৩ চনৰপৰা ১৯৩৭ চনলৈ তেওঁক ইউৰোপতে ৰখা হৈছিল। তেতিয়াই তেওঁ তেওঁৰ চেক্ৰেটাৰী ইমিলিৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।

ভাৰতলৈ উভতি অহাৰ পাছত ১৯৩৭ চনত তেওঁক প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ৷ সভাপতি হিচাপে সুখ্যাতিৰে কাৰ্যকাল শেষ কৰাৰ পাছত ১৯৩৯ চনত পুনৰ তেওঁক সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলন সন্দৰ্ভত গান্ধীজীৰ লগত আদর্শগত মতানৈক্য হোৱাৰ ফলত তেওঁ সভাপতি পদৰপৰা পদত্যাগ কৰিবলৈ বাধ্য হয়। তেতিয়া তেওঁ ফৰৱাৰ্ড ব্লক নামকৰণেৰে এটি প্রগতিবাদী ৰাজনৈতিক দল গঠন কৰে। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় আৰু ভাইচৰয়ে ভাৰতীয়সকলৰ ফালৰপৰা জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। উপনিবেশ চৰকাৰৰ হকে ভাৰতীয় সেনাৰ ৰক্তপাত ৰোধ কৰাৰ কাৰণে সুভাষ বসুই এই সিদ্ধান্তৰ প্ৰতিবাদ কল্পে অসহযোগ আৰম্ভ কৰে। ফলত ব্ৰিটিচ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰু জেলৰ ভিতৰত তেওঁ অনশন আৰম্ভ কৰে। এঘাৰ দিন অনশন কৰাৰ পাছত স্বাস্থ্যৰ অৱনতি হোৱাত চৰকাৰে তেওঁক জেলৰপৰা আঁতৰাই গৃহবন্দী কৰি ৰাখে। হাউচ গাৰ্ডৰ শিথিলতাৰ সুযোগলৈ ছদ্মবেশ ধাৰণ ভতিজাক শিশিৰ বসুৰ সহায়ত তেওঁ ঘৰৰপৰা অন্তৰ্দ্ধান হয়৷

আফগানিস্থানৰ অসমতল ভূমিৰ মাজেৰে পদব্রজে, গাড়ী আৰু ৰে'লত ভ্ৰমণ কৰি তেওঁ ১৯৪১ চনৰ এপ্ৰিল মাহত জাৰ্মানীলৈ যায় আৰু তাত তেওঁক বিপুল ভাবে স্বাগত জনোৱা হয় জার্মানসকলৰ পুঁজিৰে তেওঁ বাৰ্লিনত এটি ৰেডিও ষ্টেচন স্থাপন কৰে আৰু উক্ত ষ্টেচনৰপৰা নৱেম্বৰ মাহত ভাৰতীয় জনতাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। তেওঁৰ এই ভাষণে ব্ৰিটিচ চৰকাৰক স্তম্ভিত কৰি তোলাৰ বিপৰীতে ভাৰতৰ স্বাধীনতা সংগ্রামীসকলক উৎসাহিত কৰি তোলে। জার্মানত তেওঁ ১৯৪১ চনৰপৰা ১৯৪৩ চনলৈ অৱস্থান কৰিছিল আৰু এই সময়ছোৱাত তেওঁ জাৰ্মানৰ নাজী বাহিনীৰ লগতে নিৰ্বাসিত আৰু যুদ্ধ বন্দী বিট্ৰিচ ভাৰতীয় সেনাৰে গঠিত স্বাধীন ভাৰতীয় সেনা(Infantry Regiment 850 (Indian) ৰ সহায়ত ভাৰতৰ ব্ৰিটিচ চৰকাৰক ওফৰাই পেলোৱাৰ কাৰণে সুযোগ বিচাৰি আছিল। (এই স্বাধীন ভাৰতীয় সেনাদলেই শেষলৈ আজাদ হিন্দ ফৌজ নামেৰে পৰিচিত হৈ পৰিছিল আৰু এই সেনাদলেই তেওঁক পোন প্রথম নেতাজী বুলি সম্বোধন কৰিছিল । শেষলৈ গৈ তেওঁ নেতাজী নামেৰেই জনাজাত হৈ পৰিছিল।)

কিন্তু ইতিমধ্যে জাপানীসকলে দক্ষিণ-পূৱ এচিয়াত বিজয় সাব্যস্ত কৰাত নাজী বাহিনীয়ে ভাৰত আক্ৰমণ কৰাটো অনিশ্চিত হৈ পৰে আৰু হিটলাৰে ১৯৪২ চনৰ মে' মাহত তেওঁক লগ ধৰি জাপানলৈ যাবলৈ পৰামৰ্শ দিয়ে.। হিটলাৰে জাপানলৈ যোৱাৰ বাবে যাৱতীয় ব্যৱস্থাও কৰি দিছিল। ১৯৪৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ জার্মান চামেৰিনত উঠি জাপানৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে। মাদাগাস্কাৰলৈ আহি তেওঁ জার্মান চাবমেৰিন সলনি কৰি জাপানী চাবমেৰিনত যাত্ৰা কৰে আৰু বিপদ সংকুল যাত্ৰাৰ অন্তত জাকাৰ্টাৰ সুমাত্ৰাত অৱতৰণ কৰে ৷ কথিত আছে যে, এই যাত্ৰাত তেওঁ শত্ৰু সেনাৰ এলেকাৰ মাজেৰে হাজাৰ হাজাৰ মাইল পানীৰ তলেৰে যাব লগা হৈছিল। তেওঁ আটলাণ্টিক মহাসাগৰ, মধ্য-প্রাচ্য, মাদাগাস্কাৰ আৰু ভাৰত মহাসাগৰৰ মাজেৰে যাত্ৰা কৰিব লগা হৈছিল। স্থল ভাগত যুদ্ধ চলি আছিল আৰু সাগৰৰ তলিত মাইন পোতা আছিল । জাপানী চাবমেৰিনত উঠিবলৈ তেওঁ এটা সময়ত ৪০০ মাইল ৰবৰৰ নাৱত যাত্ৰা কৰিব লগা হৈছিল ।

জাপানলৈ আহৰ পাছত তেওঁক উষ্ম আদৰণি জনোৱা হয় আৰু তেওঁক চিংগাপুৰ আৰু অন্যান্য ঠাইত বন্দী হোৱা ৪০,০০০ হাজাৰ ভাৰতীয় ব্ৰিটিচ সেনাৰে গঠিত ভাৰতীয় জাতীয় সেনাদলৰ সৰ্বাধিনায়ক পতা হয়। ১৯৪৩ চনৰ ২১ অক্তোবৰত তেওঁ আজাদ হিন্দ নামেৰে স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰো গঠন কৰে। কিন্তু জাপানে যাতে চৰকাৰৰ ওপৰত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁ খুবেই সতৰ্ক আছিল । সেনা পৰিচালনা, শাসনকে আদি কৰি সকলো ধৰণৰ কাম-কাজ ভাৰতীয়সকলৰ দ্বাৰা পৰিচালনা কৰা হৈছিল। সেনাদলক সুভাষ ব্রিগেড, আজাদ ব্রিগেড আৰু গান্ধী ব্রিগেড নামেৰে নামকৰণ কৰা হৈছিল। ভাৰতীয় জাতীয় সেনাই প্রথমে ব্ৰিটিচৰ হাতৰপৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অধিকাৰ কৰি দ্বীপৰ নাম সলনি কৰি স্বৰাজ আৰু ছহিদ নামেৰে নামকৰণ কৰে। তাৰ পাছত বৰ্মাৰ মাজেৰে আহি আজাদ হিন্দ সেনাই ককস্ বাজাৰ দখল কৰে।

আজাদ হিন্দ বাহিনী স্বাধীন ভাৰতৰ মাটিত ভৰি থৈ ইমানেই অভিভূত হৈ পৰিছিল যে, কোনোবাই মাটিত দীঘল দি পৰিছিল, কোনোবাই মাটিত চুমা খাইছিল আৰু কোনোবাই আকৌ মাটি মূৰত লৈ উচুপি উঠিছিল আৰু দিল্লী চলো ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তুলিছিল ৷ কিন্তু ইতিমধ্যে মিত্র বাহিনীয়ে জাপানৰ হিৰোচিমা আৰু নাগাচাকিত বোমা বৰ্ষণ কৰে। এই বোমা বৰ্ষণৰ ফলত সমগ্ৰ দৃশ্যপট সলনি হৈ যায় আৰু জাপানীসকলে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰে। সুভাষ বসু তেতিয়া চিংগাপুৰত আছিল। ভবিষ্যত কাৰ্যপন্থা নির্ধাৰণ কৰাৰ বাবে তেওঁ টকিওলৈ যাবলৈ সিদ্ধান্ত লয়। কিন্তু দুর্ভাগ্যবশতঃ টকিওলৈ যোৱাৰ বাটত তেওঁ উঠি যোৱা বিমানখন জাপানী অধিকৃত ফৰমোচাত দুৰ্ঘটনাত পতিত হয় আৰু উক্ত দুৰ্ঘটনাত তেওঁ ১৯৪৫ চনৰ ১৮ আগষ্টত মৃত্যুমুখত পৰে । কিন্তু তেওঁৰ এই মৃত্যু ভাৰতীয় জনসাধাৰণ বিশেষকৈ বংগৰ মানুহে তেতিয়াও বিশ্বাসত লোৱা নাছিল আৰু এতিয়াও মানি ল'বলৈ মান্তি নহয় ৷

ইয়াৰ কাৰণো অৱশ্যে আছে। কাৰণ ১৯৪৩ চনৰ ২৩ আগষ্টত টকিও ৰেডিওই নেতাজীৰ মৃত্যু সম্পৰ্কে এক ধৰণৰ পৰিস্থিতি উল্লেখ কৰি বাতৰি প্ৰকাশ কৰাৰ পাছত টাইপেইৰ বাতৰি প্ৰতিষ্ঠানে আন এক ধৰণৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি বাতৰি পৰিবেশন কৰে এগৰাকী ব্যক্তিৰ মৃত্যু সম্পৰ্কে বেলেগ বেলেগ পৰিস্থিতিৰ কথা উল্লেখ কৰি পৰিবেশন কৰা বাতৰিয়ে ভাৰতীয় আৰু এংলো ইণ্ডিয়ানসকলৰ মনত সন্দেহৰ উদ্ৰেক কৰে। তেতিয়াৰ ভাইচৰয় ওয়াভেলেও উক্ত বাতৰি প্ৰৱঞ্চনামূলক বুলি মত পোষণ কৰিছিল। মহাত্মা গান্ধীয়েও নেতাজী জীৱিত আৰু ক'ৰবাত আত্মগোপন কৰি থকা বুলি মতপোষণ কৰিছিল। গান্ধীজীয়ে আৰু অধিক দৃঢ়তাৰে কৈছিল যে, কোনোবাই যদি নেতাজীৰ চিতাৰ ছাই আনিও তেওঁক দেখুৱায় তথাপি তেওঁ নেতাজীৰ মৃত্যু হোৱা বুলি বিশ্বাস নকৰে। তেতিয়াৰ কংগ্ৰেছ সভাপতি আজাদেও নেতাজীৰ মৃত্যু সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছিল আৰু ১৯৪৫ চনৰ চেপ্তেম্বৰত বহা কংগ্ৰেছৰ বোম্বে অধিবেশনত নেতাজীৰ মৃত্যু সম্পৰ্কে পৰিবেশন কৰা বাতৰি বিসংগতি পূৰ্ণ বুলি শোক প্ৰস্তাৱ গ্ৰহণৰপৰা বিৰত আছিল ।

ভাৰতীয় জনমানসত সৌ সিদিনালৈক নেতাজী জীয়াই থকা বুলি দৃঢ় বিশ্বাস আছিল আৰু তেতিয়াৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ এটি মন্তব্যই এই বিশ্বাস অধিক দৃঢ় কৰি তুলিছিল। তেওঁ মন্তব্য কৰিছিল যে, নেতাজীৰ মৃত্যু সম্পর্কে কোনো নিৰ্ভৰযোগ্য আৰু স্পষ্ট প্রমাণ নাই। ইয়াৰ পাছত নেহৰুৱে নেতাজীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ বাবে ১৯৫৬ চনত নেতাজীৰ সহযোগী স্বাহ নওৱাজ খাঁনৰ নেতৃত্বত এটি তদন্ত কমিটি গঠন কৰি দিছিল; কিন্তু উক্ত কমিটিয়েও প্রকৃত তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯৬৯ চনত ইন্দিৰা গান্ধীয়ে পুনৰ পঞ্জাৱ হাইকোর্টৰ বিচাৰপতি জে, ডি খোচলাক নেতাজীৰ মৃত্যু সম্পৰ্কে তদন্ত কৰিবলৈ দায়িত্ব অর্পণ কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে, এই কমিটিয়েও নেতাজীৰ ভাগ্যত প্ৰকৃততে কি ঘটিছিল সেই সম্পর্কে সর্বজন গ্রহণযোগ্য কোনো নিৰ্ভৰযোগ্য প্রতিবেদন প্রকাশ কৰিবপৰা নাছিল । ফলত নেতাজীৰ মৃত্যু ৰহস্য বৰ্তমানলৈকে ৰহস্য হৈয়ে আছে। ভৱিষ্যতে এই ৰহস্য উদ্‌ঘাটন হবনে নাই এই বিষয়ে সঠিককৈ কোৱা টান। অৱশ্যে এইটো ঠিক যে, এই মৃত্যু ৰহস্যই নেতাজীক জাতীয় বীৰৰ আসনত অধিষ্ঠিত কৰাৰ লগতে অধিক মহীয়ান কৰি তুলিছে।**

         

  ভাৰতীয় সংবিধানৰ স্থপতি

              ড০ ভীমৰাও ৰামজী অম্বেদকাৰ

ভাৰতীয় সংবিধানৰ স্থপতি ড০ ভীমৰাও ৰামজী অম্বেদকাৰৰ জন্ম ১৮৯১ চনৰ ১৪ এপ্ৰিলত মধ্যপ্ৰদেশৰ মউত। মাক-দেউতাকৰ চৈধ্যজন সন্তানৰ মাজত অম্বেদকাৰ সর্বকনিষ্ঠ আছিল। তেওঁৰ দেউতাক চুবেদাৰ মালজী চকপট সেনাবিভাগৰ এজন চুবেদাৰ আছিল। তেওঁৰ মাকৰ নাম আছিল ভীমাবাঈ চকপট। ৰামজী মাৰাঠী সম্প্ৰদায়ৰ মাণ্ডগাড তালুকৰ ৰত্নাগিৰি জিলাৰ অম্বাবাদে গাঁৱৰ বাসিন্দা আছিল । এই অম্বাবাদে গাঁৱৰ নাম অনুসৰি ভীমৰাও অম্বেদকাৰৰ উপাধি আম্বাবাডেকাৰ দিয়া হৈছিল যদিও শেষত তেওঁক অতিকৈ চেনেহ কৰা ব্রাহ্মণ শিক্ষক মহাদেব অম্বেদকাৰে নিজৰ উপাধিটো বিদ্যালয়ৰ ৰেকৰ্ডত ভীমৰাওৰ পাছত লিপিৱদ্ধ কৰিছিল। এইদৰে তেওঁৰ উপাধি অম্বাবাডেকাৰৰ পৰা অম্বেদকাৰ হৈ পৰে। তেওঁলোক সামাজিক আৰু অৰ্থনৈতিকভাবে পিছপৰা অস্পৃশ্য মাহুৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত আছিল । তেওঁৰ পূৰ্বপুৰুষসকল ব্ৰিটিচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত সেনাবিভাগত কৰ্মৰত আছিল আৰু পূৰ্বসূৰীৰ বৃত্তিকে অনুসৰণ কৰি তেওঁৰ দেউতাকে ব্ৰিটিছৰ ভাৰতীয় সেনাৰ মউ সেনা নিৱাসত কৰ্মৰত হৈ আছিল। ৰামজী চকপটে নিজৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেতিয়াৰ দিনত অস্পৃশ্য সম্প্ৰদায়ৰ লোকৰ কাৰণে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাটো অসুবিধা আছিল যদিও সেনা বিভাগত কাম কৰাৰ কাৰণে ৰামজীয়ে সেই বাধা অতিক্ৰম কৰি নিজৰ ল'ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ত ভৰ্ত্তি কৰি দিছিল। কিন্তু অস্পৃশ্য হোৱাৰ কাৰণে সিহঁতে ঘৰৰপৰা মাদুৰ লৈ যাব লগা হৈছিল আৰু সিহঁতক শ্ৰেণীকোঠাৰ বাহিৰত বেলেগে বহিবলৈ দিয়া হৈছিল। শিক্ষকসকলেও সিহঁতৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰিছিল। সিহঁতে পানীৰ পাত্ৰপৰা পানী পান কৰাতো দূৰৰে কথা পাত্ৰ স্পৰ্শই কৰাটোকো অপৰাধ বুলি গণ্য কৰা হৈছিল। পিয়াহ লাগিলে উচ্চজাতিৰ কোনোবা এজনে এক নিৰ্দিষ্ট উচ্চতাৰপৰা ঢালি দিয়া পানীহে সিহঁতে পান কৰিব লগা হৈছিল। এই কাম স্বাভাৱিকতে বিদ্যালয়ৰ পিয়নজনে কৰিছিল আৰু পিয়নজন বিদ্যালয়ত উপস্থিত নাথাকিলে সিদিনা পানী নুখোৱাকৈয়ে থাকিব লাগিছিল। অম্বেদকাৰে এই অভিজ্ঞতাৰ কথা তেওঁৰ আত্মজীৱনীমূলক গ্রন্থ Waiting For a Visa ত এনেদৰে বৰ্ণনা কৰিছে- No peon, No water.

১৮৯৪ চনত ৰামজীয়ে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে আৰু দুবছৰ পাছত পৰিয়ালসহ মুম্বাইৰ চাতাৰালৈ উঠি আহে। চাতাৰালৈ উঠি অহাৰ কিছুদিন পাছতে অম্বেদকাৰৰ মাকৰ মৃত্যু হয়। ১৮৯৭ চনত অম্বেদকাৰক ইলফীষ্টন হাইস্কুলত নাম ভৰ্ত্তি কৰি দিয়া হয়। অম্বেদকাৰে দলিত সম্প্ৰদায়ৰ একমাত্ৰ ছাত্ৰ আছিল বিদ্যালয়খনত। ১৯০৭ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। অস্পৃশ্যসকলৰ মাজত তেৱেঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ছাত্ৰ আছিল। সেয়ে অম্বেদকাৰৰ এই সফলতাত তেওঁৰ সম্প্ৰদায়ৰ মানুহে আনন্দ উৎসৱ পালন কৰিছিল আৰু আনন্দ উৎসৱৰ শেষত লেখক কেলোচকাৰে তেওঁক গৌতম বুদ্ধৰ জীৱনী উপহাৰ দিছিল। সেই একে বছৰতে তেওঁ ইলফীষ্টন কলেজত নাম ভৰ্ত্তি কৰে আৰু ১৯১২ চনত অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত বোম্বে বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত পোন্ধৰ বছৰীয়া পত্নী ৰামাবাঈক লৈ তেওঁ বৰোদালৈ আহি বৰোদা চৰকাৰৰ অধীনত চাকৰি কৰিবলৈ যায়; কিন্তু দেউতাকৰ অসুখৰ বাতৰি পাই তেওঁ কিছুদিন পাছতে বোম্বেলৈ উভতি আহিব লগা হয়। ১৯১৩ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁৰ দেউতাকৰ মৃত্যু হয় ।

তেতিয়া বৰোদা ৰাজ্য চৰকাৰৰ অধীনত গাইকোৱাড পৰিয়ালে উচ্চশিক্ষাৰ বাবে জলপানি প্ৰদান কৰিছিল। দেউতাকৰ মৃত্যুৰ পাছত অম্বেদকাৰে মাহিলী ১১.৫০ স্টার্লিং ছাত্রবৃত্তি লৈ আমেৰিকাৰ নিউইয়র্কলৈ গৈ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ লয়। নিউইয়র্কলৈ গৈ তেওঁ লিভিংষ্টন হলত নৱল ভাথেনা নামৰ এজন পাৰ্চী সম্প্ৰদায়ৰ ছাত্ৰৰ লগত একেখন কোঠালিত থাকিবলৈ লয়। (এই গৰাকী নৱল ভাথেনা অম্বেদকাৰৰ আজীৱন বন্ধু আছিল।) ১৯১৫ চনত অম্বেদকাৰে অৰ্থনীতি বিজ্ঞান মেজৰ বিষয় হিচাপে লৈ সমাজ বিজ্ঞান, বুৰঞ্জী, দৰ্শন আৰু নৃতত্ত্ব বিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এই একে সময়তে তেওঁ পুৰণি ভাৰতীয় বাণিজ্যৰ ওপৰত এখন বিশেষ গৱেষণামূলক প্ৰৱন্ধ লেখে।

১৯১৬ চনত অম্বেদকাৰে আইন বিষয় অধ্যয়নৰ বাবে গ্ৰেচ ইনন আৰু একে সময়তে ডক্টৰেট ডিগ্ৰীৰ বাবে লণ্ডন স্কুল অফ ইকনমিক্সনামৰ অনুষ্ঠানত ভৰ্ত্তি হয়। একেটা সময়তে তেওঁ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে National Dividend of India - A Historic and Analytical Study নামকৰণেৰে দ্বিতীয়খন গৱেষণামূলক প্ৰৱন্ধৰ লগতে Castes in India: Their Mechanism, Genesis and Development নামৰ তৃতীয়খন গৱেষণামূলক প্ৰৱন্ধও সম্পূৰ্ণ কৰে। ইয়াৰ মাজতে ডক্টৰেট ডিগ্ৰীৰ বাবে তেওঁ Indian Rupee নামৰ আন এখন গৱেষণামূলক প্ৰৱন্ধও লেখি উলিয়াইছিল। গৱেষণাপত্ৰখন জমা দিয়াৰ আগতেই জালপানিৰ ম্যাদ উকলি যোৱাত বৰোদা চৰকাৰে তেওঁক ভাৰতলৈ মাতি পঠিয়ায়। ১৯১৭ চনৰ জুন মাহত লণ্ডন ত্যাগ কৰাৰ আগে আগে ৯ মে'ত নৃতত্ত্ববিদ আলেকজেণ্ডাৰ গোল্ডেন উইছাৰে অনুষ্ঠিত কৰা আলোচনা সভাত অংশ গ্ৰহণ কৰি তেওঁ Castes in India: Their Mechanism, Genesis and Development নামৰ তৃতীয়খন গৱেষণামূলক প্ৰৱন্ধ পাঠ কৰে। কিন্তু ততাতৈয়াকৈ লণ্ডন ত্যাগ কৰিব লগা হোৱাত তেওঁ প্ৰৱন্ধ দুখন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত জমা দিব নোৱাৰিলে ৷ অৱশ্যে চাৰি বছৰ পাছত গৱেষণা পত্ৰখন জমা দিয়াৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই তেওঁক অনুমতি প্ৰদান কৰে। সেয়ে ভাৰতলৈ উভতি অহাৰ পাছত বৰোদা চৰকাৰে গৱেষণা পত্ৰখন জমা দিয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে তেওঁক লণ্ডনলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ কালিফোর্ণিয়া বিশ্ববিদ্যালয়ে Indian Rupee নামৰ গৱেষণা পত্ৰৰ বাবে তেওঁক ১৯১৭ বৰ্ষৰ বাবে ১৯২১ চনত অৰ্থশাস্ত্ৰত পি,এইচ,ডি ডিগ্ৰী প্ৰদান কৰে । ১৯২১ চনতে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ১৯২৩ চনত দ্বিতীয়বাৰৰ বাবে পি, এইচ, ডি ডিগ্রী লাভ কৰে। সেই একে বছৰতে তেওঁ গ্ৰেচ ইননৰ পৰা আইনৰ ডিগ্রীও লাভ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ে আৰু ১৯৫৩ চনত উচমানিয়া বিশ্ববিদ্যালয়ে তেওঁক ডি, লিট উপাধি প্ৰদান কৰিছিল।

যেহেতু অম্বেদকাৰে বৰোদা চৰকাৰৰপৰা জলপানি লৈ অধ্যয়ন কৰিছিল, সেয়ে তেওঁ বৰোদা চৰকাৰৰ অধীনত কাম কৰাৰ বাবে দায়ৱদ্ধ আছিল। ভাৰতলৈ উভতি অহাৰ পাছত বৰোদা চৰকাৰে তেওঁক সৈনিকৰ সচিব পদত নিযুক্তি দিয়ে। কিন্তু অস্পৃশ্য হোৱাৰ কাৰণে তেওঁক কোনেও ঘৰভাড়া নিদিলেনিৰুপায় হৈ তেওঁ কিছুদিন এখন হোটেলত আছিল যদিও পৰিচয় প্ৰকাশ হোৱাৰ পাছত তাৰ পৰাও তেওঁক উলিয়াই দিয়া হয়। অফিচৰ চাপৰাচীয়েও তেওঁক দূৰৰপৰা ফাইল দলিয়াই দিছিল আৰু কোনেও তেওঁক পানী এটোপা দিবলৈও সন্মত নহৈছিল। এই তিক্ত অভিজ্ঞতাৰ কথা অম্বেদকাৰে তেওঁৰ Waiting For a Visa নামৰ আত্মজীৱনীত উল্লেখ কৰি গৈছে। সেয়ে তেওঁ চাকৰি ত্যাগ কৰি বোম্বেলৈ আহি ঘৰুৱা শিক্ষক হিচাপে ছাত্র পঢ়োৱাৰ লগতে বাণিজ্যিক পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ লয় । কিন্তু অস্পৃশ্য হোৱাৰ কাৰণে তাতো তেওঁ গ্ৰাহক নাপালে। সেয়ে অৱশেষত তেওঁ Sydenham College of Commerce and Economics অর্থনীতি বিভাগত অধ্যাপনা কৰিবলৈ লয়। অস্পৃশ্য হোৱাৰ কাৰণে তাতো তেওঁ অপমানিত হ'ব লগা হৈছিল। সেয়ে তেওঁ চাকৰি ত্যাগ কৰি আধৰুৱা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ পুনৰ লণ্ডনলৈ যায়। তেতিয়া লণ্ডন বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰ অফ ছায়েন্স' উপাধি প্ৰদান কৰে। ১৯২৩ চনত ভাৰতলৈ উভতি অহাৰ পাছত ব্ৰিটিছৰদ্বাৰা আহ্বান কৰা দ্বিতীয়টো ঘূৰণীয়া মেজমেলত অম্বেদকাৰক অস্পৃশ্যসকলৰ প্ৰতিনিধি হিচাপে আমন্ত্ৰণ জনায়। উক্ত মেজমেলত সম্প্ৰদায়ৰ ভিত্তিত প্ৰতিনিধি নিৰ্বাচনক লৈ মাহাত্মা গান্ধীৰ লগত তেওঁৰ মতভেদ হয়। ফলত তেওঁ এই কাৰ্যত বিফল হয়।

অৱশ্যে কেই বছৰমান পাছত অম্বেদকাৰ এই কার্যত সফল হয়। ১৯৩২ চনত ব্ৰিটিছে সম্প্ৰদায়ৰ ভিত্তিত প্রতিনিধি নিৰ্বাচনৰ কথা ঘোষণা কৰি অস্পৃশ্যসকলৰ কাৰণে বেলেগে প্রতিনিধি নির্বাচন কৰিবলৈ অধিকাৰ দিয়ে। এই ঘোষণাৰ সময়ত মহাত্মা গান্ধী পুণাৰ চেন্ট্রাল জেলত আছিল। তেওঁ অস্পৃশ্যসকলক হিন্দুৰপৰা আঁতৰাই ৰাখিব খোজা নাছিল। সেয়ে খবৰটো শুনাৰ পাছতে তেওঁ জেলৰ ভিতৰতে আমৰণ অনশনৰ কথা ঘোষণা কৰে। গান্ধীজীৰ এই ঘোষণাৰ কথা শুনি ৰাজনৈতিক নেতা আৰু কট্টৰপন্থী হিন্দুসকলে সকলো ফালৰপৰা অম্বেদকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে। অস্পৃশ্যসকলৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ ভয়ত আৰু গণহত্যা ৰোধৰ বাবে শেষত নিৰুপায় হৈ অম্বেদকাৰে তেওঁৰ সিদ্ধান্ত ত্যাগ কৰি আক্ষেপ কৰি কৈছিল- মোৰ দুৰ্ভাগ্য যে মই হিন্দু অস্পৃশ্য হৈ জন্ম গ্ৰহণ কৰিছো; কিন্তু মই হিন্দু হৈ নমৰো৷' অৱশ্যে এই চুক্তিমৰ্মে অস্পৃশ্যসকলৰ কাৰণে কিছু আসন সংৰক্ষণ কৰা হৈছিল। ১৯৩৫ চনত অম্বেদকাৰক বোম্বে আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু অধ্যক্ষ হিচাপে তেওঁ দুবছৰকাল কাৰ্য নিৰ্বাহ কৰিছিল।

১৯৩৫ চনত অম্বেদকাৰে লেবাৰ পাৰ্টী গঠন কৰে আৰু ১৯৩৭ চনত অনুষ্ঠিত হোৱা চেন্ট্রাল বিধানসভা নিৰ্বাচনত তেওঁ ১৩ খন সংৰক্ষিত আৰু ৪ খন সাধাৰণ আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু ইয়াৰে ১১ খন সংৰক্ষিত আৰু ৩ খন সাধাৰণ আসনত বিজয় সাস্ত কৰিবলৈ সক্ষম হৈছিল। ১৯৪২ চনত ব্ৰিটিছ চৰকাৰে অম্বেদকাৰক ভাইচৰয়ৰ কাৰ্যকাৰিণী সভাৰ সদস্য হিচাপে নিযুক্তি দিছিল। তেওঁ সৰ্বভাৰতীয় অনুসূচীত সংঘও গঠন কৰিছিল। নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন কৰিলেও ভাৰতৰ মংগলৰ কাৰণে তেওঁ অৱশেষত কংগ্ৰেছৰ লগতো সহযোগ কৰিবলৈ আৰম্ভ কৰে আৰু নেহৰু মন্ত্ৰীসভাৰ আইন মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ।

অম্বেদকাৰৰ প্ৰচেষ্টাতে Finance Commission of India গঠন কৰা হৈছিল। তেওঁ হিলটন যুৱ কমিচনত উপস্থাপন কৰা আদৰ্শৰ আধাৰতে ভাৰতীয় ৰিজাৰ্ভ বেংক গঠন কৰা হৈছে। ভাৰতীয় অৰ্থনীতিৰ উন্নতিৰ বাবে তেওঁ জন্মনিয়ন্ত্ৰণৰো পোষকতা কৰিছিল আৰু তেওঁৰ সেই ধাৰণাৰ আধাৰতে ভাৰত চৰকাৰে জন্মনিয়ন্ত্ৰণৰ আঁচনি গ্ৰহণ কৰিছে। তেওঁৰ কৰ্মৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে মৰণোত্তৰভাবে তেওঁক ১৯৯০ চনত ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰিছে।

পুণা-চুক্তিৰ সময়ত ঘোষণা কৰি থোৱা মতেই ১৯৫৬ চনৰ ১৪ অক্টোবৰত ৫০০,০০০ জন লোকৰ এক বিশাল সমাৱেশত অম্বেদকাৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ কিছুদিন পাছতেই অর্থাৎ ১৯৫৬ চনৰ ৬ ডিচেম্বৰত বিৰল প্ৰতিভাৰ অধিকাৰী ড০ ভীমৰাও অম্বেদকাৰৰ দেহাৱসান হয়। তেওঁ মৰিও অমৰ হৈ আছে ভাৰতীয় সংবিধানৰ জৰিয়তে। কাৰণ ভাৰতীয় সংবিধানৰ কথা ক'বলৈ গ'লেই অম্বেদকাৰৰ নাম আগতে ল'ব লগা হয় ৷

অম্বেদকাৰ ভাৰতীয় মানুহৰ মাজত কিমান জনপ্রিয় আছিল ১৯৪৭ চনৰ পাছততেওঁৰ নামত গঠন হোৱা অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন আদিয়ে তাক প্ৰমাণ কৰে।**

 

              শ্ৰীমতী ইন্দিৰা গান্ধী

                      (ৰাষ্ট্ৰীয় অখণ্ডতা দিৱস)

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা প্রধান মন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম ১৯১৭ চনৰ ১৯ নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত । তেওঁৰ দেউতাকৰ নাম পণ্ডিত জৱাহৰলাল নেহৰু আৰু মাকৰ নাম কমলা নেহৰু (কৌল)। ল'ৰালিতে মাকৰ পৰলোপ্ৰাপ্তি হোৱাত দেউতাক জৱাহৰলাল নেহৰু আৰু ককাক মতিলাল নেহৰুৰ তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰে। ইন্দিৰা গান্ধী ল'ৰালিৰে পৰাই দেখিবলৈ খুউব ধুনীয়া আৰু আকর্ষণীয় আছিল, সেয়ে আটায়ে মৰমতে তেওঁক ইন্দিৰা প্ৰিয়দর্শিনী বুলি সম্বোধন কৰিছিল। তেওঁ ল'ৰালিৰে পৰাই খুবেই তীক্ষ্ণ মেধা তথা প্ৰখৰ বুদ্ধি সম্পন্ন আছিল আৰু সময়ত নিজৰ কৰ্মৰদ্বাৰা তেওঁ পিতৃৰ যোগ্য সন্তান হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। তেওঁৰ জন্মৰ পাছতে পেহীয়েক সৰোজনী নাইডুই এক শুভেচ্ছা বাৰ্তাত কৈছিল- ইন্দিৰা গান্ধী ভাৰতৰ নতুন আত্মা৷ তেওঁৰ এই কথা সত্যতা ইন্দিৰা গান্ধীয়ে তেওঁৰ কৰ্মৰ মাজেৰে প্ৰমাণ কৰি থৈ গৈছে।

ইন্দিৰা গান্ধীৰ প্ৰাথমিক শিক্ষা এলহাবাদতে আৰম্ভ হৈছিল যদিও তেওঁ পুণে বিশ্ববিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ইয়াৰ পাছত তেওঁ কলিকতাৰ শান্তি নিকেতনত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহণ কৰে ৷ ভাৰতীয় কলা আৰু সংস্কৃতিৰ শিক্ষা তেওঁ শান্তি নিকেতনতে আহৰণ কৰিছিল আৰু কবিগুৰুৰ তত্ত্বাৱধানতে তেওঁৰ সৰ্বোতো প্ৰকাৰ জ্ঞানৰ বিকাশ হৈছিল। তেওঁ ইণ্টাৰনেচনেল স্কুল অৱ জেনেভা, বিশ্বভাৰতী বিশ্ববিদ্যালয়, অক্সফোর্ড ছোমাৰভিলে কলেজত শিক্ষা গ্ৰহণ কৰিছিল। বিদেশত শিক্ষা গ্ৰহণ কৰি থকা সময়ত মাক কমলা নেহৰু যক্ষ্মাৰোগত আক্ৰান্ত হোৱাত তেওঁ মাকৰ লগত কিছুদিন চুইজাৰলেণ্ডৰ লুছানত কটাইছিল। ১৯৩৬ চনৰ ২৮ ফেব্ৰুৱাৰীত মাকৰ দেহাৱসান হোৱাত তেওঁ ভাৰতলৈ উভতি আহে।

ভাৰতলৈ উভতি অহাৰ পাছত দেউতাক জৱাহৰলাল নেহৰুৰ লগত তেওঁ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰে আৰু ইয়াৰ ফলত তেওঁৰ সৰ্বাঙ্গীন জ্ঞানৰ বিকাশ হয়। ইন্দিৰা গান্ধীৰ আদৰ্শ আৰু জ্ঞান গৰিমাৰ বিষয়ে এগৰাকী বিদেশী লেখক মাইৰা কিংচলেই খুবেই তাৎপর্যপূর্ণ মন্তব্য কৰিছে। তেওঁ লেখিছে- অতুলনীয় সৌন্দৰ্যৰ লগতে বৌদ্ধিক চেতনাৰ যেতিয়া সংযোগ ঘটে তেতিয়া তেওঁৰ নাম ইন্দিৰা গান্ধী হয় ৷

১৯৪২ চনত ফিৰোজ গান্ধীৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দাম্পত্য জীৱনৰ স্বাক্ষৰ হিচাপে দুজন পুত্ৰ সন্তান জন্মলাভ কৰে। ৰাজীৱ গান্ধী আৰু সঞ্জয় গান্ধী। ১৯৫০ চনত তেওঁ নিখিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৬৪ চনৰ ২৭ মে'ত জৱাহৰলাল নেহৰুৰ পৰলোকপ্ৰাপ্তি ঘটে আৰু লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। লাল বাহাদুৰ শাস্ত্ৰী মন্ত্ৰীসভাত ইন্দিৰা গান্ধীক সূচনা আৰু প্ৰচাৰ মন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। দুর্ভাগ্যবশতঃ ১৯৬৬ চনৰ ১১ জানুৱাৰীত তাচকন্দত লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক পৰলোকপ্ৰাপ্তি ঘটে। ফলত মোৰাৰ্জী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত প্ৰধানমন্ত্ৰীৰ পদ লৈ প্ৰতিদ্বন্দ্বিতা হয়। সেই প্রতিদ্বন্দ্বিতাত ইন্দিৰা গান্ধী বিপুল ভোটত বিজয়ী হৈ ভাৰতৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী হোৱাৰ গৌৰৱপ্ৰাপ্ত হয়।

ইন্দিৰা গান্ধীৰ প্ৰধান মন্ত্রিত্বকাল খুবেই তাৎপর্যপূর্ণ আছিল । তেওঁ ভাৰতৰপৰা দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে যত্ন কৰিছিল। তেওঁৰ দিনতে বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ফলত বেংকৰ ধন দৰিদ্ৰতা নিৰ্মূলৰ কামত ব্যয় কৰিবলৈ সুবিধা হয়। তেওঁৰ দিনতে পূৰ্বৰ ৰাজপৰিয়ালে চৰকাৰৰ ফালৰপৰা লাভ কৰা মাহিলি ভাত্তা বন্ধ কৰি দিয়া হয়। আর্থিক দৃষ্টিকোণৰপৰা তেওঁ এই দুটা খুবেই মহত্ত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁ দেশৰ বিকাশৰ কাৰণে কুৰি দফীয়া আঁচনি গ্ৰহণ কৰিছিল। এই কুৰি দফীয়া আঁচনি এতিয়ালৈকে কাৰ্যকৰী হৈ আছে। পৰমাণু শক্তি আৰু অন্তৰীক্ষ কাৰ্যক্ৰমৰ প্ৰতি গুৰুত্বাৰোপ কৰি ইন্দিৰা গান্ধীয়ে দেশক বিশ্বৰ দৰবাৰত সন্মানজনক স্থানলৈ উন্নীত কৰিছিল। তেওঁৰ সুকৌশলী প্ৰচেষ্টাত ১৯৭১ চনত বাংলাদেশ স্বাধীন হয়। এই সাহসী পদক্ষেপৰ বাবে বিশ্ব ৰাজনীতিত ইন্দিৰা গান্ধীয়ে এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছৰপৰা আন্তর্জাতিক পৰ্যায়ত তেওঁৰ সন্মান বৃদ্ধি পায় ৷

ইন্দিৰা গান্ধীয়ে কৈছিল- দেহৰ প্ৰতি বিন্দু তেজৰ বিনিময়ত ম‍ই দেশৰ অখণ্ডতা ৰক্ষা কৰিম ৷' ইন্দিৰা গান্ধীৰ ওচৰত অসীম সাহস আৰু অফুৰন্ত ধৈৰ্যৰ ভঁড়াল আছিল। বাংলাদেশৰ স্বাধীনতা প্রাপ্তিৰ ক্ষেত্ৰতো তেওঁ অপৰিসীম সাহস আৰু বীৰত্বৰ পৰিচয় দিছিল। কিয়নো এই পদক্ষেপ এনেকুৱা এক জটিল সন্ধিক্ষণত লোৱা হৈছিল, যেতিয়া বিশ্বৰ দুই শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা আৰু চীনে পাকিস্থানক সমৰ্থন কৰিছিল । তথাপি তেওঁ কোনো ধৰণৰ দুৰ্বলতা প্ৰদৰ্শন নকৰি বাংলাদেশক সহায় কৰিবলৈ সিদ্ধান্ত লৈছিল। এই সাহসী পদক্ষেপ লোৱাৰ ফলত পশ্চিমীয়া দেশৰ সংবাদ মাধ্যমবোৰে তেওঁক বিশ্বৰ আটাইতকৈ শক্তিশালী মহিলা হিচাপে চিহ্নিত কৰিছিল। তেওঁৰ শক্তিৰ আধাৰ আছিল আত্মবিশ্বাস । এবাৰ লোকসভাত এগৰাকী সদস্যই তেওঁক জোৱান অৱ আৰ্কৰ লগত তুলনা কৰিছিল। ইন্দিৰা গান্ধীক বহুতে শক্তিৰ প্ৰতিভূ ৰূপেও চিহ্নিত কৰিছিল। শান্তি আৰু যুদ্ধ উভয় অৱস্থাতে তেওঁ সমানে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত তেওঁ জৱাহৰলাল নেহৰু আৰু চাৰ্চিলতকৈও এখোপ চৰা আছিল বুলি বহুতে ক'ব খোজে। কঠোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁ মানসিকভাবে খুবেই শক্তিশালী আছিল। যেতিয়া শান্তিৰ প্ৰয়োজন হৈছিল তেতিয়া নেহৰুৰ আৰু যেতিয়া যুদ্ধৰ প্ৰয়োজন হৈছিল তেতিয়া চাৰ্চিলৰ আদৰ্শৰে অনুপ্রাণিত হৈছিল। তেওঁ ফুলৰ দৰে কোমল আৰু ইস্পাতৰ দৰে কঠিন আছিল। তেওঁৰ জন্মৰ পাছত জৱাহৰলাল নেহৰু লৈ লেখা এখন সম্বর্ধনা পত্ৰত সৰোজনী নাইডুৱে ইন্দিৰা গান্ধীক ভাৰতৰ নতুন আত্মাৰূপে অভিহিত কৰিছিল আৰু তেওঁৰ সফলতাৰ গাঁথা ভাৰত বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লেখা থাকিব বুলি ভৱিষ্যত বাণী কৰিছিল। সৰোজনী নাইডুৰ সেই ভৱিষ্যত বাণী ইন্দিৰা গান্ধীয়ে আখৰে আখৰে সফল কৰি গৈছে।

ইন্দিৰা গান্ধীৰ এই সফলতা হয়তো বহুতে সহজভাবে মানিল'ব পৰা নাছিল। সেয়ে আতংকবাদী শক্তিৰ সহায় লৈ তেওঁৰ নিজৰে দেহৰক্ষীৰদ্বাৰা ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেওঁক গুলীৰে থকা-সৰকা কৰি হত্যা কৰা হয়। তেওঁৰ নশ্বৰ দেহ আমাৰ মাজৰপৰা আঁতৰি গ'লেও তেওঁৰ কৰ্মৰাজিয়ে যুগ যুগ ধৰি ভাৰতীয় মানুহক প্ৰেৰণা যোগাই থাকিব আৰু তেওঁ মৰিও ভাৰতীয় জনমানসত অমৰ হৈ থাকিব ৷ দেশৰ অখণ্ডতাৰ হকে জীৱন উছৰ্গা কৰি যোৱা এই গৰাকী মহান দেশপ্ৰেমিকৰ জন্ম দিনটো ৰাষ্ট্ৰীয় অখণ্ডতা দিৱস হিচাপে উদযাপন কৰা হয়।**

 

            ড০ এ,পি,জে আব্দুল কালাম

                  (শূন্যৰ পৰা শিখৰলৈ।)

ভাৰতীয় ক্ষেপণাস্ত্ৰ কাৰ্যসূচীৰ নিৰ্মাতাৰূপে জনাজাত আবুল পাখিৰ জয়নুল আবদিন আব্দুল কালাম তথা এ,পি,জে আব্দুল কালমৰ জন্ম তেতিয়াৰ মাদ্রাজ প্ৰেচিডেন্সি তথা বৰ্তমানৰ তামিলনাডুৰ অন্তৰ্গত তীর্থনগৰী ৰামেশ্বৰৰ্মৰ ওচৰৰ ধনুষকোডি গাঁৱৰ এটি অতিকৈ দুখীয়া পৰিয়ালত ১৯৩১ চনৰ ১৫ অক্টোবৰত।তেওঁৰ দেউতাক জয়নুল আব্দিন মাৰকায়াৰ ভাৰাতীয়া নাৱৰ গৰাকী আছিল আৰু তেওঁ স্থানীয় মছজিদত ইমামতি কৰিছিল ৷ জয়নুল আব্দিনৰ পূৰ্বপুৰুষসকল খুবেই ধনী আৰু বহু মাটিৰ গৰাকী আছিল। তেওঁলোক গেলামাল আৰু নাও ভাড়া দিয়া ব্যৱসায়ৰ লগত জড়িত আছিল। নাওৰ ব্যৱসায়ৰ পৰাই তেওঁলোক মাৰা কালাম আয়িকায়াৰ' (কাঠৰ নাওৰ গুৰিয়াল) নামেৰে পৰিচিত হৈ পৰিছিল। এয়াই শেষলৈ সংক্ষেপে মাৰকায়াৰ হৈ পৰে। ১৯১৪ চনত মূল ভূ-খণ্ডৰপৰা পাম্বানলৈ সেতু নিৰ্মাণ হোৱাৰ ফলত তেওঁলোকৰ নাৱৰ ব্যৱসায় ক্ষতিগ্রস্ত হয়। ফলত তেওঁলোকে ধনুষকোডি গাঁৱৰপৰা ৰামেশ্বৰৰ্মলৈ নাৱেৰে যাত্ৰী অনা-নিয়া কৰিবলৈ লয় আৰু এয়াই তেওঁলোকৰ জীৱিকাৰ মাধ্যম হৈ পৰে। কালামৰ দেউতাকো পূৰ্বপুৰুষৰ বৃত্তিৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিছিল। ৰামেশ্বৰম স্থিত মছজিদ ষ্ট্ৰীটৰ মাছৰ গোন্ধেৰে ভৰপূৰ সংকৰী গলি(গৃহ ২নং)ৰ এটি ভগা পঁজাত কালামৰ ককায়েক মুথু মীৰণ মাৰ্কায়াৰ এতিয়াও সপৰিয়ালে বাস কৰি আছে।

পাঁচ গৰাকী বায়েক-ককায়েকৰ মাজত কালাম নুমলীয়া আছিল। বায়েক আজিম জহুৰা পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল। ১৯৯৭ চনত তাইৰ মৃত্যু হৈছে। ককায়েক কেইগৰাকীৰ নাম আছিল (১) মহম্মদ মুথু মীৰণ মাৰকায়াৰ। (২) মোস্তফা কামাল (১৯৯৯) (৩) কাচিম মহম্মদ (১৯৯৫)। মুথু মীৰণ বৰ্তমানেও জীৱিত । কালাম মাৰ্কায়াৰ পৰিয়ালৰ প্ৰথম স্নাতক। তেওঁৰ অন্যান্য ভায়েকসকলে স্কুলৰ দেওনাই পাৰ হ'ব পৰা নাই। কালামৰ ককায়েক মুথু মীৰণৰ গৰ্ব এয়ে যে, এটি সামান্য দুখীয়া পৰিয়ালৰপৰা তেওঁৰ ভায়েক থম্বী অপাৰ সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে। কালাম অবিবাহিত আছিল আৰু দিন-ৰাতি ওঠৰ ঘণ্টা কামলৈ ব্যস্ত থাকিছিল। কালামে এবাৰ তেওঁৰ বন্ধুবৰ্গক ঠাট্টা কৰি কৈছিল- বৰ্তমান মোৰ যি উপলব্ধি হৈছে, বিবাহিত হ'লে ইয়াৰ আধাও হয়তো আহৰণ কৰিবলৈ সক্ষম নহ'লোহেঁতেন৷' আটাইতকৈ নুমলীয়া হোৱাৰ কাৰণে কালাম বায়েক-ককায়েকহঁতৰপৰা যথেষ্ট মৰম চেনেহ পাবলৈ সক্ষম হৈছিল। তেওঁৰ এজন চুবুৰীয়া এচ, টি, আৰ মণিকমমণিকমে কালামক ল'ৰালিৰে পৰা জানিছিল। তেওঁ কৈছে যে, কালাম ল'ৰালিৰে পৰা গম্ভীৰ স্বভাৱৰ আৰু অধ্যয়নশীল আছিল। মণিকমৰ এটি লাইব্ৰেৰী আছিল আৰু লাইব্ৰেৰীটো স্থাপনৰ প্ৰাৰম্ভিক অৱস্থাত কালামে গ্রন্থবিলাক পঢ়ি লাভবান হৈছিল। কিছু বছৰ আগতে কালামে মণিকমলৈ এখন শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাত লেখিছিল- আপোনাৰ লাইব্ৰেৰীটো যুৱা অৱস্থাত মোৰ প্ৰেৰণাৰ স্ৰোত আছিল। মণিকমৰ কাৰণে এই শুভেচ্ছা পত্ৰখন কোনো প্রমাণ পত্ৰতকৈ কম নাছিল। তেওঁ শুভেচ্ছা পত্ৰখন দ্যা উইক' নামৰ ইংৰাজী পত্ৰিকাত প্ৰকাশ কৰিছিল। কালামৰ আৰু এগৰাকী চুবুৰীয়া ভেকংট সুব্রমণিয়ামে কালামৰ ল'ৰালিৰ দিনবোৰৰ কথা ৰোমন্থন কৰি কৈছে- কালাম ছাত্ৰাৱস্থাত ৰাতিপুৱা আৰু সন্ধিয়া ঘৰে ঘৰে গৈ বাতৰি কাকত পৰিৱেশন কৰিছিল আৰু তেওঁ নিজে এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে ।

ৰামেশ্বৰৰপৰা গুচি অহাৰ পাছতো কালামে ঘৰ, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ মোহ ত্যাগ কৰিবপৰা নাছিল। ১৯৯৭ চনত যেতিয়া তেওঁক ভাৰত ৰত্ন প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল তেতিয়া তেওঁ সৰ্বপ্ৰথমে ককায়েক মুথু মীণক এই বিষয়ে অৱগত কৰিছিল আৰু গাঁৱলীয়াসকলৰ মাজত মিঠৈ বিতৰণৰ কাৰণে টকা পঠাইছিল। নানা অনুসন্ধানমূলক কামৰ মাজত ব্যস্ত থকাৰ পাছতো তেওঁ ফোনৰ জৰিয়তে পৰিয়ালৰ লগত সঘনে যোগাযোগ কৰিছিল আৰু প্ৰয়োজনত আর্থিকভাবে সহায়ো কৰিছিল। কিন্তু এয়া খুবেই তাৎপর্যপূর্ণ যে, তেওঁৰ পদমর্যদা আৰু নাম ব্যৱহাৰ কৰি তেওঁ পৰিয়ালৰ কোনো সদস্যক কেতিয়াও চৰকাৰী চাকৰিত মকৰল কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰা নাছিল। তেওঁ কৈছিল যে, আল্লাহই সেইজনক সহায় কৰে যিজনে নিজেই নিজক সহায় কৰে। নাচাৰ আমন্ত্ৰণ ক্ৰমে ১৯৬৩-৬৪ চনত তেওঁ প্ৰথমবাৰৰ কাৰণে বিদেশ ভ্ৰমণলৈ গৈছিল। ইন্টিগ্রেডেড গাইডেড মিছাইল ডেভেলপমেণ্ট আঁচনিৰ দ্বাৰা তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। এই আঁচনিৰ অধীনত তেওঁৰ প্ৰচেষ্টাতে হ্রস্ব, মধ্যমীয়া আৰু বেলেষ্টিক ক্ষেপণাস্ত্র নাগ, পৃথ্বী, আকাশ, ত্রিশূল আৰু অগ্নি উদ্ভাৱন কৰি সফলতাৰে পৰীক্ষা সম্পন্ন কৰা হৈছিল। কালাম দলগত ভাৱনাৰ প্ৰতি খুবেই উদাৰ আছিল । কাৰণ এইবোৰ প্ৰক্ষেপণৰ কৃতিত্ব তেওঁ নিজে নলৈ সহযোগিসকলক প্ৰদান কৰিছিল। কালাম প্রধানতঃ এগৰাকী অভিযন্তা আছিল যদিও তেওঁৰ কৰ্ম দেশৰ প্ৰতিৰক্ষা সেৱাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ আছে। ২০ বছৰীয়া বৈজ্ঞানিক যাত্ৰাত অগ্নিৰ সফল পৰীক্ষণে তেওঁৰ জীৱনৰ আটাইতকৈ শ্রেষ্ঠ উপলব্ধি। হায়দাবাদৰ নিজাম ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সচ'ত পলিও পীড়িত ল'ৰা-ছোৱালীৰ কাৰণে তেওঁ তেনেই কম ওজনৰ অৰ্থাৎ ৩ কিলোগ্রাম ওজনৰ ঠাইত মাথোন কার্বন যুক্ত ৩০০ গ্রাম ওজনৰ কৃত্ৰিম অংগ নিৰ্মাণ কৰি তেওঁ প্ৰমাণ কৰি দিছে যে, পৰমাণু শক্তিৰ সংবাহকে এজন বিকলাংগৰ বেদনাও উপলব্ধি কৰিব পাৰে। তেওঁ মাথোন বোমা, বাৰূদ, মিছাইলৰ কল্পনা আৰু যোজনালৈ ব্যস্ত থকা নাছিল। দিনৰ ১৮ ঘণ্টা কামত ব্যস্ত থকা এই গৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰীয়ে নিজৰ অৱসৰ সময়ত কেতিয়াবা ৰুদ্ৰ বীণা বজাই, কেতিয়াবা আকৌ শাস্ত্রীয় সংগীতৰ সুৰ সৰোবৰত অৱগাহন কৰি নিজৰ আত্মাক তৃপ্ত কৰিছিল ।

নিজৰ কৰ্ম জীৱনৰ আৰম্ভণীত কালামে অকৃতকাৰ্যতাৰ সোৱাদো হজম কৰিব লগা হৈছিল। কিন্তু ধৈৰ্য আৰু মানসিক শক্তিৰ বলত তেওঁ সেই অকৃতকার্যতাৰ ওপৰত বিজয় সাস্ত কৰিবলৈ সক্ষম হৈছিল। উৰাজাহাজ উৰুৱাটো তেওঁৰ জীৱনৰ সপোন আছিল। ইয়াক কার্যত পৰিণত কৰাৰ কাৰণে তেওঁৰ ওচৰত দুটা বিকল্প আছিল। প্ৰথমটো বিকল্প আছিল প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ডায়ৰেক্টৰেট অৱ ডেভেলপমেণ্ট এণ্ড প্রোডাক্টচনত কৰ্মৰত হোৱা আৰু দ্বিতীয়টো বিকল্প আছিল ভাৰতীয় বায়ু সেনাত প্ৰৱেশ। হিন্দুস্থান এৰনটিক্স লিমিটেড'ৰপৰা ইঞ্জিনিৰিঙত প্রশিক্ষণ লোৱাৰ পাছত তেওঁ এই দুটা বিভাগতে আবেদন কৰে। উভয় বিভাগৰপৰা সাক্ষাৎকাৰৰ কাৰণে আমন্ত্রণো আহে। প্রথমে তেওঁ দিল্লীৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ডায়ৰেক্টৰেট অৱ ডেভেলপমেণ্ট এণ্ড প্রোডাক্সচনত সাক্ষাৎকাৰত অৱতীৰ্ণ হয় । তাৰ পাছত তেওঁ ভাৰতীয় বায়ু সেনাৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে দেহৰাদুনলৈ আহেভাৰতীয় বায়ু সেনাত প্ৰৱেশৰ বাবে সংশ্লিষ্ট বিষয়ৰ ওপৰত অভিজ্ঞতা থকাৰ উপৰিও শাৰীৰিক দক্ষতা আৰু ব্যক্তিত্বৰ অধিকাৰী হোৱাটোও জৰুৰী। ২৫ গৰাকী প্ৰত্যাশীৰ তালিকাত তেওঁ নৱম স্থানত আছিল ৷ প্ৰথম আঠ গৰাকী প্রত্যাশীক নিৰ্বাচন কৰা হ'ল। ফলত কালামৰ উৰাজাহাজ উৰুৱাৰ সপোন সপোন হৈয়ে ৰ'ল। এই ঘটনাত তেওঁ খুবেই নিৰাশ হয় আৰু হৃষিকেশলৈ গৈ গংগা স্নান কৰি স্বামী শিৱানন্দৰ লগত সাক্ষাৎ কৰি মনৰ বেদনা ব্যক্ত কৰে। স্বামীজীয়ে কয় যে, ভাগ্যত যি লেখা আছে তাক স্বীকাৰ কৰি লোৱা। ভগবানৰ ইচ্ছা বুলি ধৰি লৈ ভৱিষ্যতৰ ফালে চোৱা, হয়তো তোমাৰ অস্তিত্বৰ উদ্দেশ্য আন কিবাহে।

স্বামীজীৰ এই ভৱিষ্যত বাণী সঠিক প্রমাণিত হ'ল। দিল্লীলৈ উভতি অহাৰ পাছত ১৯৫৮ চনত তেওঁ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ডায়ৰেক্টৰেট অৱ টেকনিকেল ডেভেলপমেণ্ট এণ্ড প্রোডাক্টচন'ত নিযুক্তি পালে আৰু ২৫০ টকা দৰমহাত সহযোগি জ্যেষ্ঠ বৈজ্ঞানিক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিলে। কৰ্মজীৱনৰ আৰম্ভণীত তেওঁ অচল হৈ পৰি থকা ভালেকেইখন বিমানৰ ইঞ্জিন আৰু বিমানৰ কিছুমান দোষ-ত্রুটি আঁতৰ কৰাৰ লগতে ভাৰক্ৰাফ্‌টআৱিষ্কাৰ কৰে। এই সময়চোৱাতে তেওঁ তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী এম, ভি, কৃষ্ণমেননৰ লগত পোন প্ৰথমবাৰৰ বাবে আকাশমাৰ্গলৈ উৰা মাৰিছিল। ইয়াৰ পাছত তেওঁ উভতি চাব লগা হোৱা নাছিল । নিজৰ অভিজ্ঞতা, সফলতা আৰু প্ৰশংসাৰ মাজেদি ভাগ্যই তেওঁক ভাৰতৰ দৰে এখন মহান দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিছিল।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত কালামে আকাশ বাণী আৰু দূৰদৰ্শন যোগে ৰাষ্ট্ৰক সম্বোধন কৰে। তেওঁৰ দহ মিনিটৰ ভাষণত তেওঁ সীমান্তত সৃষ্টি হোৱা সন্ত্ৰাসবাদ আৰু দেশৰ দ্ৰুত উন্নয়নৰ বাবে সামৰিক আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্বাৰোপ কৰে। দেশৰপৰা দৰিদ্ৰতা আৰু নিৱনুৱা সমস্যা দূৰীকৰণৰ বাবে দেশৰ দ্ৰুত উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক প্ৰতিজন ভাৰতীয়ই অগ্ৰাধিকাৰৰূপে গণ্য কৰিবলৈ আহ্বান জনায়। তেওঁ তেওঁৰ ভাষণত ক্ষুদ্ৰ লক্ষ্য এক অপৰাধ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তৰুণ প্ৰজন্মক উদ্দেশ্য কৰি তেওঁ কয়- তৰুণসকল যদিহে আন্তৰিকতাৰে ভাৰতৰ গীত গাবলৈ আগবাঢ়ি আহে তেনেহ'লে ভাৰত নিশ্চিতভাবে এখন উন্নতশীল ৰাষ্ট্ৰলৈ উন্নীত হব- যত দৰিদ্ৰতা, নিৰক্ষৰতা আৰু নিৱনুৱা সমস্যা নাথাকিব; এয়া অর্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আভ্যন্তৰীণ ঐক্যৰ সপোন হ'ব।

কিন্তু আচৰিত কথা এয়ে যে, ৰাষ্ট্ৰপতি পদৰ প্ৰত্যাশী হোৱাৰ পাছতো কালামৰ নিজস্ব টিভি চেট নাছিল; কিন্তু তেওঁ নিজে টেলিভিছনৰ খবৰ হৈ পৰিছিল। তেওঁৰ ট্ৰেড মাৰ্ক আছিল কান্ধলৈকে বৈ পৰা চিলভাৰ গ্ৰেচুলিৰ ষ্টাইল। ভাগ্যই যাক যেনেকুৱা ভূমিকা পালনৰ কাৰণে নিৰ্দ্ধাৰিত কৰি থৈছে, তেওঁ তেনেকুৱা ভূমিকাই পালন কৰিব। কালামৰ ক্ষেত্ৰত এই কথা খুবেই প্ৰযোজ্য। কাৰণ তেওঁ বায়ু সেনাত নিযুক্তি পালে হয়তো তেওঁৰ জীৱনৰ গতি পথ অন্য ফালে ঢাল খালেহেঁতেন। ৰাষ্ট্ৰপতি পদে অপেক্ষা কৰি থকাৰ কাৰণেই হয়তো ভাগ্যই তেওঁক বায়ু সেনাৰ পৰিৱৰ্ত্তে প্ৰতিৰক্ষা মন্ত্রণালয়লৈ ঠেলি দিছিল। সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ পাছত কালামে একমাত্ৰ সঁচা বুদ্ধিজীৱী ৰাষ্ট্ৰপতি হিচাপে স্বীকৃত । কালামৰ তেজত সপোন আছিল আৰু সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে তেওঁ কঠোৰ অধ্যৱসায় কৰিছিল। তেওঁ ভাৰতক বিশ্বৰ স্পেচ ক্লাৱত অন্তৰ্ভূক্ত কৰা একমাত্র ব্যক্তি । ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ ৰাষ্ট্ৰক সম্বোধন কৰি কৈছিল- দহ লাখ মানুহৰ ৰাষ্ট্ৰৰ দৰে নহয়, আমি এক নিযুত মানুহৰ ৰাষ্ট্ৰৰ দৰে চিন্তা আৰু কাৰ্য কৰা উচিত। সপোন সপোন সপোন। এই সপোনক চিন্তাত আৰু চিন্তাক বাস্তৱত ৰূপায়ন কৰোঁ আহক।' কালামৰ এই বাণীয়ে ভাৰতৰ মানুহক যুগ যুগলৈ প্ৰেৰণা যোগাই থাকিব। কালম আছিল খাঁটি ভাৰতীয় ৷ বিজ্ঞানৰ ক্ষেত্ৰত ইমান সফলতা অৰ্জন কৰাৰ পাছতো তেওঁ নম্ৰতা আৰু মানৱতা বিসর্জন দিয়া নাছিল। প্ৰতিৰক্ষা বৈজ্ঞানিকৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা আৰু ভাৰতৰ সৰ্বোচ্চ অলংকাৰ ভাৰত ৰত্ন প্রাপ্তিৰ পাছতো তেওঁ সৰল স্বভাৱ ত্যাগ কৰা নাছিল। ক্ষেপণাস্ত্ৰ উদ্যোগৰ পিতৃ কালাম মৃত্যুৰ আগলৈকে এজন খাঁটি ভাৰতীয়ৰ দৰে ব্যৱহাৰ কৰি গৈছে । পৰিয়ালৰ প্ৰতি তেওঁ খুবেই সংবেদনশীল আছিল। ৰামেশ্বৰমত বাস কৰা ককায়েকক তেওঁ কেতিয়াও পাহৰা নাছিল। ১৯৩১ চনৰ ১৫ অক্তোবৰত জন্ম লাভ কৰা কালাম ৰামেশ্বৰমৰ ছামিয়া (সীমাপুৰ) বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল আৰু পাছত ৰমানাথপুৰম চহৰৰ শ্বাৱাৰ্টজ স্কুললৈ গুচি গৈছিল। কিন্তু ৰাষ্ট্ৰপতিৰ দৰে সুমহান পদত অধিষ্ঠিত হোৱাৰ পাছতো তেওঁ ল'ৰালি দিনৰ এইবোৰ কথা পাহৰা নাছিল ৷

কালামৰ জীৱন আশ্চৰ্যজনকতো অৱশ্যেই তেওঁৰ ব্যক্তিত্বও কম আশ্চর্যজনক নহয়। তেওঁক ভাৰতীয়তাৰ প্ৰতিমূৰ্ত্তি হিচাপে গণ্য কৰা হয়। ভাৰতীয় সংস্কৃতিৰ যিমান আদর্শনীয় গুণ আছে, সেইবোৰ সকলো গুণ তেওঁৰ মাজত বিদ্যমান। তেওঁ সৰলমনা, বিদ্যানুৰাগী আছিল আৰু তেওঁৰ স্বভাৱ আছিল ঋষিৱত। ভাৰতবৰ্ষৰ ইতিহাসত মহাত্মা গান্ধীৰ বাহিৰে হয়তো এনে এজন দ্বিতীয় ব্যক্তি নাই যাৰ লগত তেওঁক তুলনা কৰা যাব পাৰেতেওঁৰ মাজত একেলগে বহুতো মহানতা বিদ্যমান আছিল। তেওঁ শূন্যৰ পৰা শিখৰলৈকে আৰোহণ কৰিছিল। তেওঁৰ জীৱন গাঁথা এক যাদুৰ দৰে, যি জীৱনগাঁথাৰ আদিপাঠ আজিৰপৰা আঠোটা দহক আগতে তামিলনাডুৰ দক্ষিণ-পশ্চিম উপকূলীয় ক্ষেত্ৰত অৱস্থিত ৰামেশ্বৰৰ্মৰ ধনুষকোটিত আৰম্ভ হৈছিল। কালামৰ ল'ৰালি অৱস্থাত ভাৰতৰ স্বাধীনতা সংগ্রাম খুবেই শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছিল আৰু স্বাধীনতা সংগ্ৰামৰ খবৰবোৰ জনগণৰ মাজত প্ৰচাৰ কৰাত বাতৰি কাকতে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফলত তেতিয়া বাতৰি কাকত বহু মানুহৰ জীৱীকাৰ মাধ্যম হৈ পৰিছিল ।

বাতৰি কাকত পৰিৱেশন কৰি জীৱীকা অৰ্জন কৰা ব্যক্তিসকলৰ মাজত কালামৰ দেউতাক জয়নুল আব্দিন চাহাবো এজন আছিল। কালামৰ পূৰ্বপুৰুষসকল নাৱেৰে যাত্ৰী অনা-নিয়া কৰা ব্যৱসায়ৰ লগত জড়িত থকাৰ ফলস্বৰূপে জয়নুল আব্দিনো উক্ত ব্যৱসায়ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিছিল; কিন্তু হঠাৎ বাতৰি কাকতৰ বিক্ৰী বৃদ্ধি পোৱাত তেওঁ পৈতৃক বৃত্তি এৰি বাতৰি কাকতৰ হকাৰ হৈ পৰে ৷ তেওঁ ৰামেশ্বৰমত ঘূৰি-পকি বাতৰি কাকত বিক্ৰী কৰিছিল আৰু বাতৰি কাকত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ কোনোমতে পৰিয়ালটো পোহপাল দিছিল। এই গৰাকী জয়নুল আব্দিনৰ ঘৰৰ ল'ৰাই ভাৰতৰ দৰে এখন জনবহুল তথা মহান দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰি ভাৰতবৰ্ষক এক নতুন সপোন দেখুৱাই ২০১৫ চনৰ ২৭ জুলাইত চিলঙৰ The Indian Institute of Management ‘Creating a Livable Planet Earth' ৰ ওপৰত ভাষণ প্ৰদান কৰি থকা অৱস্থাত সন্ধিয়া প্রায় ৬.৩৫ মান বজাত মঞ্চৰ ওপৰত ঢলি পৰে আৰু তেওঁক ততাতৈয়াকৈ চিলঙৰ বেথানি হচপিটাললৈ নিয়া হয়। তাত তেওঁক ৭.৪৫ বজাত মৃত ঘোষণা কৰা হয় । তেওঁৰ মৃত্যুত জাতি-ধর্ম নির্বিশেষে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো শোকত ম্রিয়মান হৈ পৰিছিল**

 

                ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন (শিক্ষক দিৱস)

কোনো বিশেষ ব্যক্তিৰ জন্মতিথি, মৃত্যুতিথি অথবা কোনো বিশেষ ঘটনা উপলক্ষ্যে কিছু কিছু বিশেষ দিৱস উদ্যাপন কৰা হয়। মহান দার্শনিক পণ্ডিত, শিক্ষাবিদ, সুমহান লেখক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱসটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস এটি গুৰুত্বপূৰ্ণ দিৱস। উক্ত দিৱসত জাতিৰ মেৰুদণ্ডস্বৰূপ উত্তৰপুৰুষৰ পথপ্ৰদৰ্শক শিক্ষক সমাজক স্বীকৃত আৰু পুৰস্কৃত কৰা হয় ৷ জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষকসকলক বঁটা প্ৰদান কৰি শিক্ষকতা বৃত্তিক উৎসাহিত কৰা হয় ৷ ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন নিজে এগৰাকী শিক্ষক আছিল আৰু তেওঁ শিক্ষকসকলক ভাল পাইছিল। যাৰবাবে তেওঁৰ জন্মদিনটো ভাৰত চৰকাৰে ১৯৬২ চনৰপৰা শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে।

বিশ্ববন্দিত মহান দার্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰত মাদ্ৰাজৰ তিৰুতনি নামৰ এখন গাঁৱত হিন্দু ব্রাহ্মণ তেলেগু পৰিয়ালত। তেওঁৰ পিতৃৰ নাম বীৰস্বামী আৰু মাকৰ নাম চিতাম্মা। ল'ৰালিৰেপৰাই ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰখৰ মেধাসম্পন্ন, শান্ত আৰু নম্ৰ স্বভাৱৰ আছিল। দেউতাকে তেওঁক ইংৰাজী শিক্ষাৰ বাবে বিদ্যালয়লৈ পঠাবলৈ আগ্ৰহী নাছিল। কাৰণ দেউতাকে তেওঁ পুৰোহিত হোৱাটো কামনা কৰিছিল, সেয়ে আঠ বছৰ বয়সলৈকে পিতৃ-মাতৃয়ে তেওঁক নিজ গৃহতে নৈতিক শিক্ষা প্ৰদান কৰিছিল। কিন্তু তেওঁৰ মেধা আৰু অধ্যয়নৰ প্ৰতি থকা আগ্রহলৈ লক্ষ্য কৰি পৰৱৰ্ত্তী পৰ্যায়ত তেওঁক তিৰুতনিৰ স্থানীয় বিদ্যালয়ত ভৰ্ত্তি কৰি দিয়ে। মাধ্যমিক শিক্ষাৰ বাবে ১৯৯৬ চনত তেওঁক মাদ্ৰাজৰ তিৰুপতিৰ হামাৰ্চনবার্গ ইভান জিওলজিকেল লুথাৰেন মিছন স্কুলত ভৰ্ত্তি কৰি দিয়ে । এইখন বিদ্যালয়ৰপৰা তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ এশ টকীয়া বৃত্তি লৈ ভেলোৰৰ বুনিজ মহাবিদ্যালয়ত ভর্তি হয় আৰু তাৰপৰা ডিষ্টিংচন লৈ এফ, এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। এফ, এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ১৭ বছৰ বয়সত মাদ্ৰাজৰ ক্ৰীচিয়ান কলেজত ভৰ্তি হয়। উক্ত কলেজৰপৰা তেওঁ ১৯০৬ চনত দৰ্শনত অনাৰ্চ লৈ স্নাতক আৰু ১৯০৯ চনত মাদ্রাজ বিশ্ববিদ্যালয়ৰ অধীনত দৰ্শনশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। আচলতে ৰাধাকৃষ্ণনৰ দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰাৰ ইচ্ছা নাছিল, আর্থিক দৈন্যতাৰ কাৰণেহে তেওঁ দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিবলৈ বাধ্য হৈছিল। কাৰণ তেওঁৰ এজন ভায়েকে উক্ত মহাবিদ্যালয়ৰপৰা দৰ্শনশাস্ত্ৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল । আৰ্থিক দৈন্যতাৰ বাবে কিতাপ কিনিব নোৱাৰি তেওঁ ভায়েকৰ দৰ্শনশাস্ত্ৰৰ কিতাপ পঢ়িব লগা হৈছিল। বি,এ দ্বিতীয় বৰ্ষত অধ্যয়নৰত অৱস্থাত তেওঁ বেদান্ত নীতিশাস্ত্ৰ আৰু ইয়াৰ অধিবিদ্যামূলক পূর্বপৰিকল্পনা" The Vedant and its Metaphysical Presupposition' শিৰোনামেৰে এটি গৱেষণামূলক প্ৰৱন্ধ লেখিছিল। প্ৰৱন্ধটো দৰ্শনশাস্ত্ৰৰ অধ্যাপক এ, জি, গৰদ্বাৰা প্ৰশংসিত হৈছিল। এম, এ পঢ়ি থকাৰ সময়ত তেওঁ লেখা গৱেষণামূলক প্ৰৱন্ধ মাথোন ২০ বছৰ বয়সত ছপা আকাৰে প্ৰকাশ পাইছিল।

এম, এ পাছ কৰা বছৰতেই তেওঁ ১৯০৯ চনত মাথোন ২১ বছৰ বয়সত মাদ্ৰাজৰ প্ৰেচিডেন্সী কলেজত দর্শন বিভাগৰ অধ্যাপক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। তেওঁৰ শিক্ষক জীৱনৰ প্ৰাৰম্ভিক দিনবোৰ আৰ্থিক দৈন্যতাৰ মাজত পাৰ হৈছিল যদিও শিক্ষক হিচাপে তেওঁৰ যথেষ্ট সুনাম আছিল। ফলত ১৯১৮ চনত তেওঁ মহীশূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । ত্ৰিছ বছৰ নৌহওঁতেই তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ১৯৩১ চনত অন্ধ্র বিশ্ববিদ্যালয় আৰু ১৯৩৬ চনত লণ্ডনৰ অক্সফোর্ড বিশ্ববিদ্যালয়ত প্ৰচ্যধৰ্ম আৰু নীতিশাস্ত্ৰৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ১৯৩৯ চনত তেওঁ বাৰাণসী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান কৰে ১৯৪০ চনত তেওঁ ব্ৰিটিছ একাডেমিৰ ফেল' হিচাপে নিৰ্বাচিত হয়। ১৯৪৮ চনত ভাৰত চৰকাৰে তেওঁক বিশ্ববিদ্যালয় আয়োগৰ সভাপতি হিচাপে নিৰ্বাচন কৰে। বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শিক্ষা সম্পৰ্কত দিয়া ভাষণত তেওঁ কৈছিল- মানুহৰ আহল- বহল ঘৰ, বিলাসী জীৱন, গাড়ী-মটৰ, উন্নত মানৰ খাদ্য আদিকেই জীৱনৰ মুখ্য সম্পদ বুলি ক'ব নোৱাৰি। ই কেৱল জীৱন ধাৰণৰ কিছু উপকৰণহে । এই পাৰ্থিৱ সম্পদতকৈ মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ হৈছে শিক্ষা। তেওঁ শিক্ষক সমাজৰ উদ্দেশ্য কৰি কৈছিল- শিক্ষক এজন শিক্ষক হিচাপে নহয়, ছাত্ৰ হিচাপেহে শ্ৰেণীকোঠাত প্ৰৱেশ কৰা উচিত।' শিক্ষক হিচাপে তেওঁৰ দৰ্শন আছিল- “A good teacher is always a good student'.

ড০ ৰাধাকৃষ্ণন জীৱনৰ অধিক কাল শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিলেও ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁৰ অপৰিসীম দক্ষ আছিল। ১৯৪৯ চনত তেওঁ ছোভিয়েত ৰাছিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হয় আৰু তাত সফলতাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৫২ চনত তেওঁক উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা হয়। ১৯৫২ চনৰপৰা ১৯৬২ চনলৈ দহ বছৰ কাল তেওঁ সুখ্যাতিৰে উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈয়ো তেওঁ নিজক শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল। উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ কৈছিল- মই এজন শিক্ষক আৰু কেনেকৈ শিকাব লাগে, সেয়া মই জানো। উপৰাষ্ট্ৰপতি হিচাপে তেওঁ ৰাজ্যসভাত অধ্যক্ষতা কৰিব লগা হৈছিল। তাতো তেওঁ শিক্ষকৰ ভূমিকা পালন কৰিছিল। কোনো বিষয়লৈ বাক-বিতণ্ডা হৈ পৰিৱেশ উত্তপ্ত হ'লে তেওঁ সংস্কৃত শ্লোক আৰু বাইবেলৰপৰা উদ্ধৃতি দি পৰিৱেশ শান্ত কৰিছিল ।

১৯৬২ চনত তেওঁক দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা হয়। দেশৰ সৰ্বোচ্চ আসন ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰি ১৯৬২ চনৰপৰা ১৯৬৭ চনলৈ তেওঁ নিজৰ বিচক্ষণতাৰ পৰিচয় দি থৈ গৈছে। ৰাষ্ট্ৰপতি হিচাপে তেওঁ মাহিলি দহ হাজাৰ টকাকৈ মাননি পাইছিল আৰু তাৰে মাথোন তেওঁ তিনি হাজাৰ টকাহে নিজে গ্ৰহণ কৰিছিল । বাকী সাত হাজাৰ টকা প্ৰধান মন্ত্ৰীৰ পূঁজিলৈ দান কৰিছিল। ৰাষ্ট্ৰপতি পদৰপৰা ৭৯ বছৰ বয়সত অৱসৰ লয় আৰু জীৱনৰ বাকী সময় তেওঁ মাদ্ৰাজৰ মিলাপুৰত অতিবাহিত কৰে ।

বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন দার্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদৰ লগতে এগৰাকী সুলেখকো আছিল। তেওঁ মুঠ ৪৩ খন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯১৮ চনত লেখা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দৰ্শন' আছিল তেওঁৰ প্ৰথমখন গ্ৰন্থ।

বহুমুখী বৌদ্ধিক প্ৰতিভাৰ অধিকাৰী আধ্যাত্মিক জীৱনবীক্ষাৰে প্ৰাণৱন্ত ঋষিতুল্য মনীষী ড০ ৰাধাকৃষ্ণনক ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি হিচাপে ১৯৫৪ চনত দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰে আৰু তেওঁৰ জীৱন কালতেই ১৯৬২ চনৰপৰা তেওঁৰ জন্মদিন ৫ চেপ্তেম্বৰ তাৰিখটো ভাৰত চৰকাৰে শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছে। ১৯৭৫ চনৰ ১৭ এপ্ৰিলত ৮৭ বছৰ বয়সত এইগৰাকী মহান মনীষীৰ দেহৱাসান হয়**

 

    ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা (শিল্পী দিৱস )

সুন্দৰৰ আৰাধনা জীৱনৰ খেল' কথাফাকিৰ স্ৰষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম ১৯০৩ চনৰ ১৭ জুনত তেজপুৰৰ তামোলবাৰী চাহ বাগানত। তেওঁৰ দেউতাকৰ নাম পৰমানন্দ আগৰৱাল আৰু মাকৰ নাম কিৰণময়ী আগৰৱাল ৷ অসমৰ প্ৰখ্যাত কবি চন্দ্ৰ কুমাৰ আগৰাল আৰু আনন্দ চন্দ্ৰ আগৰৱাল তেওঁৰ খুড়াক। তেওঁৰ বৰদেউতা নৱণগ্রাম আগৰৱাল ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰৰপৰা অসমলৈ আন্তঃপ্ৰব্ৰজন কৰি আহিছিল। জ্যোতি প্ৰসাদে তেজপুৰ হাইস্কুল, ডিব্ৰুগড় চৰকাৰী হাইস্কুল আৰু ডিব্ৰুগড়ৰ জৰ্জ স্কুলত অধ্যয়ন কৰে আৰু ১৯২১ চনত চিত্তৰঞ্জন দাস বিশ্ববিদ্যালয়ৰপৰা দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হয় ৷ নেচনেল কলেজৰপৰা এবছৰীয়া আই, এ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত তেওঁ ইকন'মিক্‌চ বিষয়ত অধ্যয়ন কৰিবলৈ ১৯২৬ চনত ইডেনবাৰ্গলৈ যায়। তেওঁ বি, এ পৰীক্ষাত অৱতীৰ্ণ হয় যদিও প্রথম প্ৰচেষ্টাত সফল হ'ব নোৱাৰিলে। দ্বিতীয় প্ৰচেষ্টাত উক্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু চৰ্তসাপেক্ষে এম, এ পঢ়িবলৈ সুযোগ পায়। তেওঁ তাত ইকনমিক্স, সংস্কৃত, পাব্লিক আইন আৰু দৰ্শন বিষয় অধ্যয়ন কৰিছিল। কিন্তু শিক্ষা সমাপ্ত নকৰাকৈ ১৯৩০ চনত স্বদেশলৈ উভতি আহেস্বদেশলৈ উভতি অহাৰ বাটতে তেওঁ চলচিত্র বিষয়ক অধ্যয়নৰ কাৰণে সাত মাহ কাল জার্মানীত কটায় ৷

স্বদেশলৈ উভতি অহাৰ পাছত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। তেওঁ কলিকতালৈ গৈ অন্নদা চৌধুৰী, সুচেতা কৃপালনী, অৰুণা আছফ আলি, ৰামমনোহৰ লোহিয়া আৰু জয়প্ৰকাশ নাৰায়ণৰ লগত আলোচনাত মিলিত হৈ বিপ্লৱ পৰিচালনা সম্পৰ্কে দিহা-পৰামৰ্শ আগবঢ়ায় আৰু আন্দোলনৰ নতুন কাৰ্যসূচী দাঙি ধৰে। তেওঁৰ সেই কাৰ্যসূচী বংগ, বিহাৰ, উৰিষ্যা, মাদ্ৰাজ আৰু মহাৰাষ্ট্ৰৰদ্বাৰা অনুমোদিত হয়। কার্যসূচীৰ দফা অনুসৰি গান্ধীজীৰ মুক্তিৰ কাৰণে সত্যাগ্ৰহ কৰিবলৈ দলে দলে কংগ্ৰেছ কৰ্মী আগা খাঁৰ প্রাসাদৰ ফালে আগুৱাই গৈ বন্দী হয়। এয়াই বিখ্যাত গান্ধীযাত্রা। এই গান্ধীযাত্ৰাৰ মূলতে আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ৷

১৯৩২ চনত ব্ৰিটিচ চৰকাৰে তেওঁক পোন্ধৰ বছৰৰ কাৰণে কাৰাদণ্ড বিহাৰ লগতে ৫০০ টকা জৰিমণা বিহে।। কাৰাবাস খাটি অহাৰ পাছত তেওঁ ১৯৩৩ চনৰ শেষৰ ফালে জয়মতী কথাছবিৰ চিত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰে আৰু ১৯৩৪ চনত ভোলাগুৰি চাহ বগিচাত চিত্ৰবন নামেৰে ষ্টুডিও নিৰ্মাণ কৰে। এইখনে অসমৰ প্ৰথম কথাছবি। কথাছবিখনে ১৯৩৫ চনত মুক্তিলাভ কৰে। কথাছবিখন মহাসতী জয়মতীক আহোম স্বৰ্গদেউৰদ্বাৰা বন্দী আৰু নিৰ্যাতনৰ ওপৰত ভিত্তি কৰি লক্ষ্মীনাথ বেজবৰুৱাই লেখা এখন নাটকৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ১৯৩৬-৩৭ চনত তেওঁ কলাগুৰু বিষ্ণুৰাভাৰ সহযোগত জয়মতী আৰু শোণিত কুঁৱৰী নাটক বাণীৱদ্ধ কৰে। ১৯৩৬ চনত তেওঁ দেৱযানী ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। ১৯৩৭ চনত তেওঁ তেজপুৰত জোনাকীচিনেমা হল স্থাপন কৰে। ১৯৩৯ চনত তেওঁ দ্বিতীয়খম কথাছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰে। ১৯৪০ চনত তেজপুৰ সংগীত বিদ্যালয় স্থাপন কৰে।

১৯৪১ চনত তেওঁ পুনৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। ফলত ব্ৰিটিচৰ ৰোষৰপৰা পৰিত্ৰাণ পাবলৈ তেওঁ ১৯৪২ চনত আত্মগোপন কৰিব লগা হয়। ফলত ব্ৰিটিচ চৰকাৰে তেওঁক পলাতক ঘোষণা কৰে । ফলত ১৯৪৩ চনত তেওঁ তেজপুৰত আত্মসমৰ্পণ কৰে। কিন্তু সাক্ষী প্ৰমাণৰ অভাৱত তেওঁক এৰি দিয়া হয়।

জ্যোতিপ্ৰসাদ আগৰৱাল একধাৰে নাট্যকাৰ, গীতিকাৰ আৰু চিত্ৰ শিল্পী আছিল ৷ মাথোন চৈধ্য বছৰ বয়সতে তেওঁ শোণিত কুঁৱৰী নামৰ নাটকখন লেখি উলিয়াইছিল। ১৪ বছৰৰপৰা ২১ বছৰৰ ভিতৰত তেওঁ ভালেসংখ্যক প্ৰৱন্ধ লেখি বুদ্ধিমত্তাৰ পৰিচয় দিছিল। শোণিত কুঁৱৰী, কাৰেংগৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, সোণ পখিলী, খনিকৰ, কনকলতা, সুন্দৰ কোঁৱৰ, লভিতা আদি গীতি নাট্য তেওঁৰ অমৰ সৃষ্টি। স্বাধীনতা আন্দেলনৰ সময়ত তেওঁ আন্দোলনকাৰীক উৎসাহিত কৰাৰ কাৰণে ভালেসংখ্যক দেশপ্রেমমূলক গীত ৰচনা কৰিছিল। তেওঁ তিনিশৰো অধিক গীত ৰচনা কৰিছিল আৰু সেই গীতসমূহৰ অধিকাংশৰে তেওঁ থলুৱা সুৰৰ আধাৰত নিজে সুৰ কৰিছিল। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই' শীৰ্ষক গীতটো তেওঁৰ অমৰ সৃষ্টি। তেওঁ এক ধৰণৰ গীতৰ ধাৰা প্ৰৱৰ্ত্তন কৰিছিল। যিবোৰ জ্যোতি সংগীত নামেৰে জনাজাত । তেওঁক অসমীয়া চিত্ৰজগতৰ জনকবুলি কোৱা হয়। তেওঁ ৰচনা কৰা গীত, কবিতা আৰু অন্যান্য লেখনিসমূহৰপৰা তেওঁৰ দেশপ্ৰেম. দেশৰ প্ৰতি থকা দায়বদ্ধতা আৰু মানুহৰ প্ৰতি থকা ভালপোৱাৰ উমান পোৱা যায় ৷

তেওঁৰ মৃত্যুৰ পাছত ভূপেন হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগত জ্যোতিপ্ৰসাদ আগৰৱালৰ নামত এখন চিনেমা ষ্টুডিও নির্মাণৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে আৰু চৰকাৰে উক্ত দাবীৰ প্ৰতি সমর্থন জনাই ১৯৬১ চনত গুৱাহাটীৰ কাহিলিপাৰাত জোতি চিত্ৰবন নামেৰে ষ্টুডিও নিৰ্মাণ কৰে।

সুন্দৰৰ আৰাধনা জীৱনৰ খেল' এয়াই আছিল তেওঁৰ জীৱনৰ মূলমন্ত্ৰ। ১৯৫১ চনৰ ১৭ জানুৱাৰীত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ এইগৰাকী মহান নাট্যকাৰ, গীতিকাৰ, স্বাধীনতা সংগ্রমী জ্যোতিপ্রসাদ আগৰৱালাই মৃত্যু বৰণ কৰে। তেওঁৰ মৃত্যু দিবসটো শিল্পী দিৱস হিচাপে উদ্‌যাপন কৰা হয়৷**

 

           কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৷

                   (ৰাভা দিৱস)

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটো ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ বেংগল প্ৰেচিডেন্সিৰ অন্তৰ্গত ঢাকাত। তেওঁৰ দেউতাক চৰদাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা উপৱেশিক ব্ৰিটিচ চৰকাৰৰ এজন পুলিচ বিষয়া আছিল । জ্যোতিপ্ৰসাদে তেজপুৰৰ চৰকাৰী হাইস্কুলত শিক্ষা গ্রহণ কৰে আৰু পাছত উচ্চশিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায়। তেওঁ চেইণ্ট প'ল কেথাড্রেল মিছন কলেজৰপৰা আই, এছ, চি পৰীক্ষাত উত্তীৰ্ণ হৈ বি,এছ, চি ডিগ্ৰী লাভৰ কাৰণে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰিপন কলেজত নাম ভৰ্ত্তি কৰে৷

তেওঁ জীৱনৰ প্ৰথমৰ পৰাই স্বাধীনতা আন্দোলনত স্বক্রিয়ভাবে অংশ গ্রহণ কৰিছিল। মার্কসবাদী আদৰ্শৰদ্বাৰা প্ৰভাৱিত হৈ তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহে। ফলত তেওঁক বলপূর্বকভাবে ৰিপ'ন কলেজৰপৰা ভিক্টৰিয়া কলেজলৈ বদলি কৰা হয় ৷ কিন্তু তাতো হোষ্টেলত পুলিচৰ অত্যাচাৰৰ কাৰণে তেওঁ চিৰদিনৰ বাবে আনুষ্ঠানিক শিক্ষা লাভৰপৰা বঞ্চিত হয়। ইয়াৰ মাজতে জার্মানীয়ে চোভিয়েত ইউনিয়ন আক্ৰমণ কৰে আৰু ভাৰতীয় কমিউনিষ্ট দলে ব্ৰিটিছ চৰকাৰক সহায় কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু দলৰ একাংশ সদস্যই ইয়াৰ বিৰোধিতা কৰে। ফলত ভাৰতীয় কমিউনিষ্ট দল দুটা শিৱিৰত বিভক্ত হৈ পৰে। অৱশেত তেওঁ ১৯৪৫ চনত ভাৰতীয় সংগ্ৰামী কমিউনিষ্ট দলত যোগদান কৰে। ১৯৫১ চনত জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যুৰ পাছত তেওঁ ভাৰতীয় পিপ'ল থিয়েটাৰ এছোছিয়েশ্বনৰ অসম শাখাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

বিষ্ণুপ্ৰসাদ ৰাভা বহুমূখী প্ৰতিভাৰ অধিকাৰী আছিল। ৰাজনীতি, অভিনয়, সংগীত চৰ্চাৰ লগতে তেওঁ সাহিত্য আৰু শিলপি চৰ্চাও কৰিছিল। অসমৰ জাতীয় জীৱনৰ ওপৰত আঁকা বানু কবাংগ তৈলচিত্র, মিছিং কনেঙ, সোণপাহি, অসমীয়া কৃষ্টিৰ সমূহ আভাস, অতীত অসম আদি বিষ্ণু প্ৰসাদ ৰাভাৰ অমৰ সৃষ্টি। তেওঁৰ সাহিত্য কৰ্মত সমাজৰ দুৰ্বল শ্ৰেণীৰ উত্থান আৰু স্বাধীনতাৰ কাৰণে সংগ্ৰামৰ এক চিত্ৰ প্রস্ফুটিত হৈ থকা পৰিলক্ষিত যায়। বিষ্ণুৰাভা এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আছিল। তেওঁৰ স্বাধীনতাৰ অৰ্থ মাথোন ব্ৰিটিচ সাম্ৰাজ্যবাদৰপৰা মুক্তি নাছিল, তেওঁৰ স্বাধীনতাৰ অৰ্থ আছিল পুঁজিপতিৰ আগ্ৰাসনৰপৰা মুক্তি, দাসত্বৰ শিকলিৰপৰা মুক্তি। তেওঁৰ স্বাধীনতাৰ অৰ্থ আছিল, দৰিদ্ৰতাৰপৰা মুক্তি, সকলো ধৰণৰ সামাজিক বেয়া কৰ্মৰপৰা মুক্তি। তেওঁৰ সমগ্ৰ জীৱন স্বাধীনতা সংগ্ৰাম আৰু শোষিত-নিপীড়িতৰ বাবে উছৰ্গা কৰি গৈছে। পূৰ্বপুৰুষে ব্ৰিটিচ চৰকাৰৰপৰা লাভ কৰা ২৫০০ বিঘা মাটি তেওঁ কৃষকৰ কাৰণে উছৰ্গা কৰিছিল। তেওঁৰ শ্লোগান আছিল- হাল যাৰ মাটি তাৰ ৷সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয় তেওঁ দান কৰা মাটিৰ ওপৰতে প্ৰতিষ্ঠিত । তেওঁ সমগ্ৰ জীৱন মানুহৰ কল্যাণৰ কাৰণে বিৰামহীনভাবে কাম কৰি গৈছে আৰু অঘৰী জীৱন যাপন কৰি গৈছে। তেওঁ এগৰাকী সুসংগঠক আছিল আছিল আৰু তেওঁৰ বক্তৃতাই মানুহৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁৰ মতে ব্ৰিটিচ শাসনৰপৰা পোৱা মুক্তি মাথোন এক প্রহসন । কাৰণ স্বাধীনতা প্ৰাপ্তিৰ পাছতো সমাজৰ দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ অৱস্থাৰ কোনো পৰিৱৰ্ত্তন হোৱা নাই। প্রকৃত স্বাধীনতা সংগ্রাম আৰম্ভ হৈছে ১৯৪৭ চনৰ পাছৰপৰাহে। স্বাধীনতা সংগ্ৰামীৰ উপৰিও তেওঁ এগৰাকী ভাল শিক্ষাবিদ আৰু গৱেষক আছিল।

বিষ্ণুৰাভা এগৰাকী প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ আৰু গায়ক আছিল। তেওঁ ৰচিত গীতসমূহ ৰাভা সংগীত নামেৰে পৰিচিত। তেওঁ শংকৰদেৱ বিৰচিত গীতসমূহক এক নতুন মাত্রা প্রদান কৰি গৈছে। তেওঁ এশতকৈও অধিক গীত ৰচনা কৰি গৈছে। তেওঁ ৰচিত গীতসমূহত তেওঁৰ সংগ্ৰামী আদর্শ প্রতিফলিত হয়। তেওঁৰ কিছুমান গীত ল'ৰা-ছোৱালীৰ মাজত খুবেই জনপ্রিয়। যেনে- সুৰৰে দেউলৰে, বিলতে হালিছে..... আদি । তেওঁৰ চিৰসেউজ আনবোৰ সৃষ্টি হ'ল- পৰ জনমৰ শুভ লগনত, লগন উকলি গ', ৰৈ ৰৈ কেতেকী, কৰুৱা বতাহ .... আদি। তেওঁ ইউজিন পটাৰৰ সংগ্ৰামী গীতসমূহ অসমীয়া লৈ অনুবাদ কৰিছিল। তেওঁ চিৰাজ কথাছবিৰ সংগীত ৰচনা কৰিছিল। তেওঁ এগৰাকী স্বনামধন্য চিত্রশিল্পীও আছিল। তেওঁ অঁকা চিত্রসমূহ এতিয়াও তেওঁৰ তেজপুৰৰ বাসভৱনত আছে।

এগৰাকী নৃত্যশিল্পী হিচাপেও বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশেষ সুনাম আছিল। শিৱৰ তাণ্ডৱ নৃত্য তেওঁ অমৰ সৃষ্টি। বাৰানসীত বিষ্ণুপ্ৰসাদ ৰাভাৰ তাণ্ডৱ নৃত্যত সন্তুষ্ট হৈ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। এয়া মাথোন বিষ্ণুৰাভাৰে নহয় সমগ্ৰ অসমবাসীৰে গৌৰৱ ৷

তেওঁ এগৰাকী প্ৰখ্যাত অভিনেতা আৰু নিৰ্দ্দেশক আছিলতেওঁ এৰাবাটৰ সুৰত অভিনয় কৰি তেওঁৰ অভিনয় দক্ষতাৰ পৰিচয় দি থৈ গৈছে। তেজপুৰৰ বাণ থিয়েটাৰ তাৰ সাক্ষী হৈ আছে। তেওঁ এগৰাকী ভাল অভিনেতা হোৱা সত্ত্বেও কেতিয়াও ব্যাৱসায়িক লাভৰ বাবে অভিনয় কৰা নাছিল ৷ কলিকতা বা মুম্বাইত থাকিলে তেওঁ ব্যৱসায়িকভাবে লাভবান হ'ব পাৰিলেহেঁতেন; কিন্তু তেওঁ কেতিয়াও অসম এৰি যোৱা নাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ পৰিচালিত প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ বিশেষভাবে সহযোগিতা কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰ স্বীকৃতি হিচাপে চৰকাৰে ২০১৬ চনৰপৰা বিষ্ণুৰাভা বঁটা প্ৰচলন কৰিছে। তেজপুৰৰ ভৈৰৱী মন্দিৰৰ কাষত বিষ্ণুৰাভা স্মৃতি উদ্যান নামৰ এটি পাৰ্ক মুকলি কৰা হৈছে। ১৯৬৯ চনৰ ২০ জুনত এইজনা মহান বহুমুখী প্রতিভাৰ অধিকাৰী সংগ্ৰামী পুৰুষৰ পৰলোক প্রাপ্তি হয়।**

 

           ড০ ভূপেন হাজৰিকা (গণ সংগীত দিৱস )

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত অসমৰ শদিয়াত । তেওঁৰ দেউতাকৰ নাম নীলকান্ত হাজৰিকা আৰু মাকৰ নাম শান্তিপ্রিয়া হাজৰিকা। পিতৃ-মাতৃৰ দহজন সন্তানৰ মাজত ভূপেন হাজৰিকা আটাইতকৈ নুমলীয়া আছিল। ভূপেন হাজৰিকাৰ শৈশৱ কালত তেওঁৰ পৰিয়ালটো অসমৰ বিভিন্ন ঠাইত বসবাস কৰিব লগা হৈছিল। শেষত তেওঁলোক তেজপুৰলৈ উঠি আহে আৰু তাতে বসবাস কৰিবলৈ লয়। এই তেজপুৰতে তেওঁৰ শৈশৱ অৱস্থাতে তেওঁ অসমৰ প্ৰথম চিনেমা নির্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লৈ আহে আৰু তেওঁলোকৰ সহযোগত ১৯৩৬ চনত কলিকতালৈ গৈ অ'ৰোৰা ষ্টুডিওত চেলোনা কোম্পানীৰ সৌজন্যত প্রথম গীত বাণীৱদ্ধ কৰে। ১৯৩৯ চনত তেওঁ ইন্দ্ৰমালতী চিনেমাৰ কাৰণে দুটা গীত বাণীৱদ্ধ কৰে। মাথোন তেৰ বছৰ বয়সত অগ্নিযুগৰ ফিৰঙতি ম‍ইশীৰ্ষক গীতটো লেখি তেওঁ সংগীতৰ প্ৰতি থকা ধাউতি আৰু দক্ষতাৰ পৰিচয় দিয়ে।

ভূপেন হাজৰিকাই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰি পাছত ধুবুৰী চৰকাৰী হাইস্কুল, তেজপুৰ হাইস্কুল আৰু কটন কলেজত শিক্ষা গ্ৰহণ কৰে। শেষত তেওঁ বানাস হিন্দু বিশ্ববিদ্যালয়ত নাম ভৰ্ত্তি কৰে আৰু তাৰপৰা ১৯৪৪ চনত স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৪৯ চনত তেওঁ নিউইয়র্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয় আৰু তাৰপৰা ১৯৫২ চনত 'proposal for preparing Idia's Basic Education to use Audio-Visual Techniques in Adult Education' শীৰ্ষক গৱেষণা পত্ৰখন লেখি ডক্টৰেট ডিগ্ৰী লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কালত তেওঁৰ প্ৰিয়ম্বদা পেটেলৰ লগত চিনাকি হয় আৰু ১৯৫০ চনত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়। ১৯৫২ চনত এটি পুত্ৰ সন্তান জন্ম লাভ কৰে। পুত্ৰ সন্তানটোৰ নাম হ'ল তেজ হাজৰিকা। তেজ হাজৰিকা বৰ্তমান কানাডাৰ বাসিন্দা ।

কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কালত তেওঁ প'ল ৰ'বছন নামৰ এগৰাকী সমাজকৰ্মীৰদ্বাৰা প্ৰভাৱিত হয় আৰু তেওঁৰ প্ৰেৰণাতে বিস্তীৰ্ণ পাৰৰেশীৰ্ষক গীতটো ৰচনা কৰে। ইয়াৰ পাছত তেওঁ বিভিন্ন ভাৰতীয় ভাষাত কেবাটাও গীত ৰচনা কৰে। ১৯৫৫ চনত তেওঁ ভাৰতীয় পিপলচ এছোছিয়েশ্বনৰ তৃতীয় অসম সন্মিলনৰ আদৰণি সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল; কিন্তু কেইবছৰমান পাছতে তেওঁ অধ্যাপনা ত্যাগ কৰি কলিকতালৈ যায়। কলিকতালৈ যোৱাৰ পাছত তেওঁৰ নিৰ্দেশনা ১৯৬১ চনত শকুন্তলা নামৰ এখন চিনেমা নিৰ্মাণ কৰা হয়। ইয়াৰ পাছত ১৯৬৪ চনত প্ৰতিধ্বনি, ১৯৬৬ চনত লটিঘটি, ১৯৬৯ চনত চিক্‌মিক্ বিজুলি, ১৯৭৪ চনত ফৰ হোম দ্যা ছান শ্বাইন' আৰু ১৯৭৬ চনত মেৰা গাঁও মেৰী মা' নামৰ কথাছবি নিৰ্দেশনা কৰে ৷

ভূপেন হাজৰিকা এগৰাকী প্ৰখ্যাত গীতিকাৰ, গায়ক আৰু সুৰকাৰ আছিল। গীতিকাৰ হিচাপে তেওঁ মাথোন অসম তথা ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বৰ দৰবাৰত নিজৰ চিনাকি দি থৈ গৈছে। তেওঁ ৰচনা কৰা গীতসমূহ মানৱতা আৰু বিশ্ব ভ্রাতৃত্ববোধৰ জয়গানেৰে সমৃদ্ধ আছিল। ভূপেন হাজৰিকাই কিছুমান যুগজয়ী বিখ্যাত গীত সৃষ্টি কৰি গৈছে। বিস্তীৰ্ণ পাৰৰে, ম‍ই এটি যাযাৱৰ, গংগা মোৰ মা, বিমূৰ্ত মোৰ নিশাটি যেন, মানুহে মানুহৰ বাবে আৰু বুকু হমহম কৰে তেওঁৰ অমৰ সৃষ্টি। তেওঁ বাংলা আৰু অসমীয়া কথাছবিৰবাবেও যুগজয়ী গীত ৰচনা কৰি গৈছে। তাৰে কেইটামান উল্লেখযোগ্য কথাছবি হল- এৰাবাটৰ সুৰ (১৯৫৬), শকুন্তলা (১৯৬১), তিস্তা এটি নদীৰ নাম (১৯৭৩)। তেওঁ অসমীয়াৰ লগতে বাংলা আৰু হিন্দী চিনেমাৰ বাবেও গীত গাইছিল। তাৰে কেইটামান উল্লেখযোগ্য চিনেমা হ', এৰা বাটৰ সুৰ (১৯৫৬), শকুন্তলা (১৯৬১), তিস্তা একটি নদীৰ নাম (১৯৭৩), 'দালি (১৯৯৩)। তেওঁ হিন্দী কথাছবি এক পল (১৯৮৬), ড্ৰমিয়ান (১৯৯৬), গজগামিনী (২০০০), দমন (২০০১) আৰু কিউ (২০০৩)। কল্পনা লাজমী পৰিচালিত ৰ'দালিৰ দৰে বিখ্যাত হিন্দী চিনেমাৰ সংগীত নির্দেশক হিচাপেও কাম কৰি গৈছে। ৰ'দালিৰ সংগীত নিৰ্দেশনাৰ বাবে ১৯৯৩ চনত তেওঁক জাতীয় নিৰ্দেশকৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছে। তেওঁ শকুন্তলা, প্রতিধ্বনি আৰু লটিঘটি কথাছবি পৰিচালনা কৰিছে আৰু লটিঘটি কথাছবি পৰিচালনাৰ বাবে তেওঁ ১৯৯২ চনত ৰাষ্ট্ৰপতিৰপৰা পুৰস্কাৰ লাভ কৰিছে।

ৰাজনীতি ক্ষেত্ৰতো তেওঁ পিছপৰা নাছিল । ১৯৬৭ চনত তেওঁ নাওবৈচা বিধানসভা সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। সাহিত্যিক হিচাপেও তেওঁৰ সুকীয়া আসন আছিল। যাৰ বাবে ১৯৯৩ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৮ চনৰপৰা ২০০৩ চনলৈ তেওঁ সংগীত নাটক একাডেমিৰ অধ্যক্ষৰ পদ অলকৃত কৰি গৈছে। ভূপেন হাজৰিকা বহুমূখী প্ৰতিভাৰ অধিকাৰী আছিল। তেওঁ একেধাৰে কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, সাংবাদিক, লেখক আৰু চিনেমা নির্মাতা আছিল। তেওঁ বিভিন্ন ভাষাত গীত ৰচনা কৰিছিল আৰু সেইবোৰ নিজে সুৰ কৰি গাইছিল। তেওঁৰ কণ্ঠৰ এক সুকীয়া আবেদন আছিল। ভূপেন হাজৰিকাৰ গীত শুনিলে ল'ৰাৰপৰা বুঢ়ালৈকে আটায়ে কৈ দিব পাৰে যে সেইবোৰ ভূপেন হাজৰিকাৰ গীত। জীৱন কালতে তেওঁক বহুকেইটা পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছে।। ১৯৭৭ চনত তেওঁক ভাৰতৰ চতুৰ্থ সর্বোচ্চ সন্মান পদ্মশ্রী উপাধিৰে সন্মানিত কৰা হৈছে। জনজাতিসকলৰ সংস্কৃতি চিনেমাৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ কাৰণে অৰুণাচল চৰকাৰে ১৯৭৯ চনত তেওঁক সোণৰ মেডেলেৰে সন্মানিত কৰিছে। ১৯৮৭ চনত ভাৰত চৰকাৰে তেওঁক সংগীত নাটক একাডেমি বঁটা প্ৰদান কৰিছিল। চিনেমাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৯২ চনত তেওঁক সন্মানীয় দাদা চাহেব ফালকে' বঁটাৰে সন্মানিত কৰা হৈছে। ২০০১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সর্বোচ্চ সন্মান পদ্মভূষণ উপাধিৰে সন্মানিত কৰিছে। ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক সংগীত নাটক একাডেমি ফেল'শ্বিপ বঁটা প্ৰদান কৰিছে। ২০০৯ চনত তেওঁক অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান অসম ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে। ২০১২ চনত মৰণোত্তৰ বাবে তেওঁক ভাৰতৰ দ্বিতীয় সর্বোচ্চ সন্মান পদ্মবিভূষণ উপাধিৰে সন্মানিত কৰা হৈছে। ২০১১ চনত অসম চৰকাৰে তেওঁক মৰণোত্তৰভাবে মুক্তিযোদ্ধা পদক প্রদান কৰিছে।

২০১১ চনৰ ৫ নৱেম্বৰত ৮৫ বছৰ বয়সত এইগৰাকী মহান, বিশ্বশিত শিল্পীৰ দেহৱাসন হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰা এডোখৰ ভূমিত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ অন্তেষ্ঠিক্ৰিয়া সমাপন কৰা হয়তেওঁৰ নশ্বৰ দেহ অসীমত বিলীন হৈ গ'লেও তেওঁৰ কৰ্মৰাজিৰ মাজেৰে তেওঁ চিৰদিন অসমবাসীৰ হৃদয়ত জীয়াই থাকিব ।

ভূপেন হাজৰিকাৰ জন্মদিনটো অসম চৰকাৰে গণ সংগীত দিৱস হিচাপে উদ্যাপন কৰে। সেইদিনা অসমৰ সমূহ স্কুল কলেজ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত তেওঁৰ মূৰ্ত্তিত মাল্যদান কৰাৰ লগতে তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হয়।**

 

                স্বাধীনতা দিৱস

স্বাধীনতা মানুহৰ জন্মস্বত্ব অধিকাৰ। কিন্তু এই অধিকাৰৰ ক্ষেত্ৰত তাহানিৰেপৰা এচাম ক্ষমতালোভী স্বার্থান্বেষী মানুহে হস্তক্ষেপ কৰি আহিছে। সাত সাগৰ তেৰ নদী পাৰহৈ ভাৰতলৈ বেপাৰ কৰিবলৈ অহা ইংৰাজ বণিক গোষ্ঠীয়ে ১৭৫৭ চনৰ ২৩ জুনত পলাচী প্ৰান্তৰত সংঘটিত হোৱা যুদ্ধত এচাম ক্ষমতালোভী মানুহৰ বিশ্বাসঘাতকতাৰ সুযোগ লৈ তেতিয়াৰ বংগৰ নবাব চিৰাজ-উদ্-দৌলাক পাৰজিত কৰি ভাৰতত খোপনি পোতে আৰু তাৰ পাছত এডেও দুডেও, লোটা নিয়াৰ ছলেৰে' সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰে। ব্ৰিটিছসকলে প্ৰায় দুশ বছৰকাল ভাৰতবৰ্ষ শাসন কৰিছিল আৰু শাসন-শোষণ, অমানুষিক নির্যাতনৰ তাণ্ডৱ চলাই ভাৰতীয় মানুহৰ জীৱন দুর্বিষহ কৰি তুলিছিল।

ব্ৰিটিছ চৰকাৰৰ এই শোষণৰপৰা মুক্তি পোৱাৰ উদ্দেশ্যে ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ সূচনা কৰা হৈছিল । এয়াই আছিল ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্রাম। কিন্তু সেই প্ৰচেষ্টাত ব্যৰ্থ হোৱাৰ পাছত সুদীৰ্ঘ আঠাইছ বছৰ পাছত ১৮৮৫ চনৰ ২৮ ডিচেম্বত ৭২ গৰাকী প্ৰতিনিধিৰ উপস্থিতিত এ, , হিউমৰ তত্ত্বাৱধানত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছ দল গঠন কৰা হয় আৰু ইয়াৰ পাছৰপৰা ভাৰতৰ স্বাধীনতা সংগ্রামে নতুন মাত্রা লাভ কৰে। আইৰিচ মহিলা এনিবেচাণ্টে আইচিসকলৰ আদৰ্শৰে বাল গংগাধৰ তিলকৰ লগত লগ লাগি হোমৰুলআন্দোলনৰ সূচনা কৰিছিল । এই আন্দোলনৰ দাবী আছিল, ব্ৰিটিছ শাসনৰ পৰিৱৰ্ত্তে ভাৰতত স্বায়ত্ব শাসন প্রতিষ্ঠা। এই আন্দোলন অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতত বিয়পি পৰে আৰু আন্দোলন ১৯১৬ চনৰপৰা ১৯১৮ চনলৈ স্থায়ী হয় ।

১৯১৫ চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰপৰা স্বদেশলৈ উভতি আহে আৰু ১৯২০ চনৰপৰা তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰে। শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে হিংসাৰ জৰিয়তে জয়লাভ কৰা সম্ভৱ নহয় বুলি গান্ধীজীয়ে ১৯২০ চনত জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত লয়। অসহযোগ আন্দোলনৰ প্ৰতি পূৰ্ণ সমর্থন জনাই জাতি-ধর্ম-বর্ণ নির্বিশেষে ভাৰতৰ সকলো শ্ৰেণীৰ মানুহ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। কিন্তু অসহযোগ আন্দোলন চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত গুলী চালনা কৰে। সেই গুলী চালনাৰ ঘটনাত তিনিজন লোক নিহত হয়। আৰক্ষীৰ এই বৰ্বৰতাৰ ফলত আন্দোলনকাৰীসকল উত্তেজিত হৈ উঠে আৰু থানাত আক্রমণ চলাই এজন আৰক্ষী ইন্সপেক্টৰ সহ ২২ জন পুলিচ কৰ্মীক আন্দোলনকাৰীসকলে থানাত অগ্নিসংযোগ কৰি পুৰি মাৰে। চৌৰিচৌৰাৰ এই হিংসাত্মক ঘটনাৰ পাছত অহিংস আন্দোলন স্থগিত ৰখা হয় ৷

১৯৩০ চনৰ ৩১ ডিচেম্বৰত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত স্বৰাজ লাভৰ উদ্দেশ্যে আইন অমান্য কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই আইন অমান্য আন্দেলনৰ কাৰ্যসূচী আছিল- লৱণ আইন ভংগ, বিদেশী বস্তু বর্জন, ভূমি কৰ বৰ্জন, মাদক দ্রব্য বর্জন আদি। আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰি মহাত্মা গান্ধী, মতিলাল নেহৰুৰ লগতে আন আন বহু নেতাই কাৰাবৰণ কৰে। আইন অমান্য আন্দোলনৰ ফলত স্বাধীনতা প্রাপ্তি সম্ভৱ নহ'লেও ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত ই আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আইন অমান্য আন্দোলনৰ ফলত ব্ৰিটিছ প্রধান মন্ত্ৰী ৰামজে মেকডোনাল্ডে প্রথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰি যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠন, প্রদেশবোৰত দায়িত্বশীল চৰকাৰ গঠন আৰু কেন্দ্ৰত আংশিক দায়িত্বশীল চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়ায়; কিন্তু সেই মেজমেলত কংগ্ৰেছে যোগদান নকৰাৰ ফলত আৰু আনহাতে মুছলিম প্রতিনিধিসকলে সম্প্ৰদায়ৰ ভিত্তিত পৃথক নিৰ্বাচনৰ দাবী উত্থাপন কৰি ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ প্ৰত্যাখান কৰে ৷ ইয়াৰ পাছত চৰকাৰে দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰে; কিন্তু সেই মেজমেলো ব্যর্থ হয়১৯৩২ চনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হয় যদিও সেই মেজমেলো ব্যর্থ হয়

ভাৰতৰ স্বাধীনতা আন্দোলনৰ আটাইতকৈ চৰম আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন। ১৯৪২ চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি গান্ধীজীয়ে কৰিম অথবা মৰিমমন্ত্ৰৰে আকাশ-বতাহ মুখৰিত কৰি তোলে আৰু সমগ্ৰ ভাৰতব্যাপী আন্দোলনে তীব্ৰৰূপ ধাৰণ কৰে ৷ এই আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে আন্দোলনৰ প্ৰাৰম্ভিক পৰ্যায়তে মাহাত্মা গান্ধীৰ লগতে তেওঁৰ আন বহু সহযোগীক গ্ৰেপ্তাৰ কৰে। এই গ্রেপ্তাৰে জ্বলা জুইত যেন ঘিউহে ঢালিলে। আন্দোলন স্তিমিত হোৱাৰ পৰিৱৰ্ত্তে ব্যাপক ৰূপ ধাৰণ কৰে আৰু সৰ্বত্ৰ হিংসাত্মক ঘটনা সংঘটিত হয়। আন্দোলনকাৰীসকলে ডাকঘৰ, আৰক্ষী চকী, কোর্ট-কাছাৰীকে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যালয় ধ্বংস কৰে। ফলত ব্ৰিটিছ চৰকাৰে দমন নীতিৰে এই আন্দোলন প্রতিহত কৰিবলৈ চেষ্টা চলায়। লাঠিচার্জৰ লগতে ঠায়ে ঠায়ে গুলী চালনাও কৰে। ফলত হাজাৰ হাজৰ নৰ-নাৰী হতাহত হয়। মহাত্মা গান্ধীয়ে এই হিংসাৰ নীতি ত্যাগ কৰিবলৈ আহ্বান জনাই ১৯৪৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীৰপৰা অনশন আৰম্ভ কৰে। ফলত হিংসাত্মক ঘটনা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰে আৰু ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ব্ৰিটিছ চৰকাৰৰ এই ঘোষণাৰ পাছত আন্দোলন প্রশমিত হয় আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্থান নামেৰে দুখন ৰাষ্ট্ৰৰ স্বাধীনতা ঘোষণা কৰে ৷

ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰিবঠা মহাত্মা গান্ধীয়ে ধৰিছিল যদিও স্বাধীনতা প্রাপ্তিৰ ক্ষেত্ৰত লালা লাজপত ৰায়, মতিলাল নেহৰু, মৌলনা আবুল কালাম আজাদ, ৰাজা গোপালাচাৰী, বাল গংগাধৰ তিলক, গোপালকৃষ্ণ গোখলে, সুভাষ চন্দ্র বসু, আফজল খান, মহম্মদ আলি জিন্নাহ, চিত্তৰঞ্জন দাসকে আদি কৰি ভালেমান ব্যক্তিৰ অৱদান আছিল। মহিলাৰ ভিতৰত অৰুণা আছফ আলি, কস্তুৰৱা গান্ধী, কমলা নেহৰু, বেগম হজৰত মহল, পদ্মজা নাইডু, সৰোজনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, সুচেতা কৃপালনী, এনি বেচাণ্ট আদিৰ অৱদান বিশেষভাবে উল্লেখযোগ্য।

স্বাধীনতা সংগ্ৰামত প্রাণ আহুতি দিয়া ব্যক্তিসকলৰ ভিতৰত উল্লেখযোগ্য আছিল ভগৎ সিং, মংগল পাণ্ডে, চন্দ্ৰশেখৰ আজাদ, শিৱৰাম ৰাজগুৰু, ৰামপ্রসাদ বিচমিল, আছফাকুল্লাহ, ক্ষুদিৰাম বসু, ৰাসবিহাৰী বসু, বিনায়ক দামোদৰ ছাভাৰকাৰ, শুকদেৱ থাপাৰ, মদনলাল ডিংৰা, উধম সিং, বাঘা যতীন, বেগম হজৰত মহল আদি। আমাৰ অসমৰ ছহিদসকলৰ ভিতৰত কণকলতা, ছহিদ কুশল কোঁৱৰ, মণিৰাম দেৱান, মুকন্দ কাকতি, পিয়লি ফুকন, দুলিয়া বৰুৱা আদিৰ নাম বিশেষভাবে উল্লেখযোগ্য। এওঁলোকৰ উপৰিও সমগ্ৰ ভাৰত তথা অসমৰ শ শ লোক এই স্বাধীনতা আন্দোলনত হতাহত হোৱাৰ লগতে কাৰাবৰণ কৰিব লগা হৈছিল।

যিসকল মহান ব্যক্তিৰ ত্যাগ, তিতিক্ষা আৰু তেজৰ বিনিময়ত আমি পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোহঁক, স্বাধীনতা দিৱসৰ পূণ্য তিথিত তেওঁলোকক স্মৰণ কৰাৰ লগতে শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যেই স্বাধীনতা দিৱস উদ্যাপন কৰা হয় ৷ স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি জাতিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। সিদিনা চৰকাৰী- বেচৰকাৰী, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহুতে ব্যক্তিগতভাবেও জাতীয় পতাকা উত্তোলন কৰি কৰি ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। বহু ঠাইত বিভিন্ন ধৰণৰ সাংস্কৃতিক কার্যসূচীও অনুষ্ঠিত কৰে।**

 

                       গণতন্ত্ৰ দিৱস

ভাৰতবৰ্ষ প্ৰায় দুশ বছৰ কাল ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছৰপৰা স্বাধীনতা আঁজুৰি আনিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জনতাই যুগান্তকাৰী আন্দোলনৰ সূচনা কৰিছিল। ফলত শ শ লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক ব্ৰিটিছ চৰকাৰৰ নিৰ্যাতনৰ বলি হৈছিল। অৱশেষত আন্দোলনকাৰীসকলৰ ওচৰত সেও মানি ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্থান নামেৰে দুখন ৰাষ্ট্ৰৰ স্বাধীনতা ঘোষণা কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত স্বাধীন ভাৰতৰ সংবিধান কাৰ্যকৰী হয়।

আমাৰ সংবিধানখন বিশ্বৰ সৰ্ববৃহৎ সংবিধান। আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-ভাষা আৰু বিচিত্র সংস্কৃতিৰ মিলন তীর্থ। সেয়ে লোকে সমস্ত সুখিনা ভৱন্ত' (সকলো মানুহেই সুখী হওঁক) এই মহানতাৰ ভেঁটিত আমাৰ সংবিধানখন ৰচনা কৰা হৈছে। ১৯৪৯ চনৰ ৬ নৱেম্বৰত ৩৯৫ টা ধাৰা সন্নিৱিষ্ট গণ পৰিষদ সংবিধানখন গ্ৰহণ কৰা হৈছে। আমাৰ সংবিধানৰ এক দীঘলীয়া ইতিহাস আছে। প্রথম বিশ্বযুদ্ধৰ পাছত ভাৰতৰ কেইগৰাকীমান জাতীয়তাবাদী প্রগতিশীল নেতাই সংবিধানৰ কাৰণে প্ৰথম দাবী উত্থাপন কৰিছিল। ফলত ১৯১৯ চনত ভাৰত শাসন আইনপ্ৰণয়ন কৰা হৈছিল। কিন্তু সেই আইনে ভাৰতৰ দুই প্ৰধান সম্প্রদায় হিন্দু-মুছলমানক সন্তুষ্ট কৰিবপৰা নাছিলএই আইন প্ৰণয়নৰ পাছত ভাৰতত সহিংসতা দেখা দিছিলি আৰু প্ৰকৃত স্বায়ত্বশাসনৰ দাবীত ব্যাপক আন্দোলন আৰম্ভ হৈছিল। আন্দোলন দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে ১৯১৯ চনৰ মাৰ্চ মাহত ৰাওলাট আইন' পাছ কৰে। এই আইনৰ প্ৰতিবাদত আন্দোলনৰ সূচনা হয় আৰু সেই আন্দোলনৰ চৰম পৰিণতিত জালিয়ানওৱালাবাগ হত্যাকাণ্ড সংঘটিত হয়। বহুদিন পাছত আমাৰ ভাৰতীয় সকলক সন্তুষ্ট কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে ১৯৩৫ চনত ভাৰত শাসন আইন' নামেৰে আইন প্ৰণয়ন কৰি প্ৰাদেশিক স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰে। ১৯৩৫ চনৰ ভাৰত শাসন আইন ভাৰতৰ সাংবিধানিক ইতিহাসত এটি গুৰুত্বপূৰ্ণ দলিল।

স্বাধীনতা লাভৰ প্ৰাকমুহূৰ্তত ১৯৪৬ চনৰ ৯ ডিচেম্বৰত কেবিনেট মিছনৰ পৰিকল্পনা অনুসৰি ভাৰতীয় সংবিধান ৰচনা কৰা নিকায়ৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। স্বাধীনতা লাভৰ পাছত এই নিকায় গণ পৰিষদ ৰূপে স্বীকৃতি লাভ কৰে। সেই একে বছৰৰ ২৯ আগষ্টত ড০ বি, আৰ, অম্বেদকাৰক সভাপতি হিচাপে লৈ এখন সাতজনীয়া সংবিধান খচৰা প্ৰস্তুতকাৰী সমিতি গঠন কৰা হয়। খচৰা সমিতিয়ে ১৯৪৮ চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ কৰে। খচৰা সংবিধানখনৰ ওপৰত তিনিলানি আলোচনাৰ পাছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণ পৰিষদৰ সভাপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰেসংবিধান ৰচনা কৰিবলৈ মুঠ দুই বছৰ ওঠৰ দিন সময় লাগিছিল । আমাৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী কৰা হয় ।

সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী কৰাৰো এক ইতিহাস আছে। ১৯২৯ চনৰ লাহোৰ অধিবেশনত জৱাহৰলাল নেহৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নির্বাচিত হয় আৰু কংগ্ৰেছে উক্ত অধিৱেশনত ১৯৫০ চনৰ শেষৰটো দেওবাৰৰ দিনা পূর্ণ স্বাধীনতা দিৱস পালনৰ বাবে সিদ্ধান্ত লয়। সিদ্ধান্ত অনুসৰি ১৯৫০ চনৰ জানুৱাৰী মাহৰ শেষৰ দেওবাৰে লাহোৰৰ ৰাবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ত্ৰিৰংগা জাতীয় পতাকা উত্তোলন কৰে। ১৯৫০ চনৰ জানুৱাৰী মাহৰ শেষৰ দেওবাৰটো আছিল ২৬ জানুৱাৰী। সেয়ে স্বাধীনতা লাভৰ পাছত উক্ত দিনটোৰ সন্মানার্থে ১৯৫০ চনৰ ২৬ জানুৱাৰীত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছে।

বৰ্তমান আমাৰ সংবিধানত ৪০৭ টা ধাৰা আৰু ১২ টা অনুসূচী আছে। সংবিধানখন কেবাবাৰো সংশোধন কৰা হৈছে। ১৯৭৬ চনৰ ৪২তম সংশোধন মর্মে সংবিধানখনত তিনিটা গুৰুত্বপূৰ্ণ শব্দ সংযোজন কৰা হৈছে। সেই শব্দ তিনিটা হ'ল- সমাজতান্ত্রিক, ধৰ্মনিৰপেক্ষ আৰু সংহতি। মূল সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা ভাগ আৰু ৯ টা অনুসূচী আছিল ৷ বহুবাৰ সংশোধনৰ পাছত অনুচ্ছেদ সংখ্যা ৪০৪ টালৈ বৃদ্ধি পোৱাৰ লগতে অনুসূচীৰ সংখ্যা ৯ টাৰপৰা ১০ টালৈ বৃদ্ধি পাইছে। আমাৰ সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰচলন। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। সংবিধানৰ চতুৰ্থ অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দ্দেশনা, নীতি-নিয়মসমূহ লিপিৱদ্ধ কৰা হৈছে।

লিখিত সংবিধান হিচাপে আমাৰ সংবিধানত এটা প্ৰস্তাৱনা সন্নিৱিষ্ট কৰা হৈছে। তাত সংবিধানৰ উদ্দেশ্য, লক্ষ্য, আদর্শ, ক্ষমতাৰ উৎস আদিৰ বিষয়ে উল্লেখ আছে। এই প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ইয়াত নাগৰিকৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ কথা উল্লেখ আছে। প্রতিজন নাগৰিকক মুক্তচিন্তা, অভিব্যক্তি, বিশ্বাস, ধর্মীয় স্বাধীনতাৰ স্বীকৃতি প্ৰদান কৰিছে। প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা প্ৰদানৰ লগতে ব্যক্তিৰ মৰ্যদা তথা জাতীয় ঐক্য আৰু সংহতি অক্ষুণ্ণ ৰাখি ভ্ৰাতৃত্বভাব বৃদ্ধি কৰিবলৈ স্বাধীনতা প্ৰদান কৰিছে।

জাতীয় জীৱনৰ স্মৰণীয় দিনটোক সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে প্ৰতিবছৰ ২৬ জানুৱাৰীৰ দিনটোক গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে উদ্‌্যাপন কৰা হয়। এই দিনটোত তিনিবৰণীয়া জাতীয় পতাকা উত্তোলন কৰি পতাকাৰ তলত সমৱেত হৈ সমস্বৰে ৰাষ্ট্ৰীয় সংগীত গাই ভাৰত মাতৃক সন্মান প্ৰদৰ্শন কৰা হয় ।

সমগ্ৰ ভাৰতব্যাপী সিদিনা চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্রতিষ্ঠান, ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠান, বাসগৃহ, গাড়ী-মটৰ আদিত জাতীয় পতাকা উত্তেলন কৰি এই বিশেষ দিনটোক স্মৰণ কৰা হয়পতাকা মাথোন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰে প্ৰতীক নহয়, সমগ্ৰ জাতিৰ চেতনা, জাতীয় ঐতিহ্য, আশা-আকাংক্ষা আৰু আদৰ্শৰ প্রতীক। সেয়েহে স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসৰ দিনা সমগ্ৰ ভাৰতীয়ই জাতীয় পতাকাৰ তলত সমৱেত হৈ সমৱেতভাবে ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক জয়হেগাই এক দেহত, এক প্ৰাণত লীন হৈ যায়। ৰাজনৈতিক নেতাৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বী আৰু বয়োজ্যেষ্ঠ লোকসকলে জাতীয় পতাকা উত্তোলন কৰে। এই দিনটোত বহুতে নানা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰে**

 

                    মহৰম

দুই ঈদৰ পাছতে মহৰম মুছলমান সম্প্ৰদায়ৰ গুৰুত্বপূৰ্ণ উৎসৱ। ঈদ আনন্দ উৎসৱ আৰু মহম শোক উৎসৱ। হজৰত ইমাম হোছেনক কাৰবালা প্ৰান্তৰত এয়াজিদ সৈন্যই আৰবী কেলেণ্ডাৰ বৰ্ষৰ ৬১ হিজৰীত মহৰমৰ দহ তাৰিখ (৬৮১ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰ)ত পৰিয়াল আৰু অনুগামীৰ সৈতে নির্মমভাবে হত্যা কৰিছিল। সেই দিনটোৰ স্মৰণতে মুছলমানসকলে মহৰম শোক উৎসৱ হিচাপে পালন কৰে ।

হজৰত মহম্মদ(ছাঃ)ৰ এন্তেকালৰ পাছৰপৰা আৰবত খলিফা নিৰ্বাচনৰ প্ৰক্ৰিয়া সূচনা হয় । সেই খলিফাৰ ওচৰত মুছলমানসকলে বায়াত (আনুগত্যৰ শপথ) লৈছিল। হজৰত মহম্মদ(ছাঃ)ৰ এন্তেকালৰ পাছত আবুবক্কাৰ ছিদ্দিক (ৰাঃ)ক আৰবৰ প্ৰথম খলিফা নিৰ্বাচন কৰা হয়। আবুবক্কাৰ ছিদ্দিক (ৰাঃ)ৰ এন্তেকালৰ পাছত হজৰত ওমৰ (ৰাঃ) আৰু ওমৰ (ৰাঃ)ৰ এন্তেকালৰ পাছত হজৰত উছমান (ৰাঃ)ক তৃতীয় গৰাকী খলিফা হিচাপে নিৰ্বাচন কৰা হয়। হজৰত উছমান(ৰাঃ)ৰ এন্তেকালৰ পাছত হজৰত মহম্মদ(ছাঃ)ৰ জোৱায়েক হজৰত আলী (কমুল্লাহ)ক খলিফা হিচাপে নিৰ্বাচন কৰা হয়লগতে তেওঁক মুছলিম বিশ্বৰ ইমাম হিচাপেও মনোনীত কৰা হয়। বিশ্বৰ অধিকাংশ মুছলমানে হজৰত আলী (কমুল্লাহ)ক খলিফা হিচাপে মানি ল'লেও ছিৰিয়াৰ শাসক মোয়াবিয়াই তেওঁৰ আনুগত্য স্বীকাৰ কৰি বায়াত গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ ঘোষণা কৰে। ফলত মুছলিম বিশ্ব দুটা ভাগত বিভক্ত হৈ পৰে।

৬৬১ খ্ৰীষ্টাব্দত হজৰত আলী(কমুল্লাহ)ক কোনোবা অজ্ঞাত আততায়ীয়ে হত্যা কৰে। এই হত্যাৰ পাছত হজৰত আলী (কমুল্লাহ)ৰ জ্যেষ্ঠ পুতেক হজৰত ইমাম হাছানক খলিফা পদত অভিষিক্ত কৰা হয়। লগতে পিতৃৰ দৰেই তেওঁক মুছলিম বিশ্বৰ দ্বিতীয় গৰাকী ইমাম হিচাপেও মনোনীত কৰা হয়। ইমাম হাছান খলিফা পদত অভিষিক্ত হোৱাৰ পাছত ছিৰিয়াৰ শাসক মোয়াবিয়াই তেওঁৰ ওচৰত বায়াত গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি যুদ্ধাভিযানৰ প্ৰস্তুতি চলায়। মুছলিম সৈন্যৰ অযথা ৰক্তপাত বন্ধ কৰিবলৈ ইমাম হাছানে মোয়াবিয়াৰ লগত এটি শান্তিচুক্তি স্বাক্ষৰ কৰে । চুক্তি অনুসৰি ইমাম হাছান খলিফা পদৰপৰা পদত্যাগ কৰে আৰু মোয়াবিয়াক খলিফা হিচাপে অভিষিক্ত কৰে। কিন্তু শান্তিচুক্তিত চৰ্তাৰোপ কৰা আছিল যে, ইমাম হাছান মুছলিম বিশ্বৰ ইমাম হৈয়ে থাকিব আৰু মোয়াবিয়াই তেওঁৰ জীৱনকাললৈকেহে মাথোন খলিফা পদ অলংকৃত কৰিব পাৰিব। তেওঁৰ পুতেকসকলক বংশানুক্রমে খলিফা পদত অভিষিক্ত কৰিব নোৱাৰিব। তেওঁৰ এন্তেকালৰ পাছত মুছলমানসকলে তেওঁলোকৰ ইচ্ছানুসৰি নতুন খলিফা নির্বাচন কৰিব পাৰিব

কিন্তু মোয়াবিয়াই সেই চুক্তি উলংঘা কৰি তেওঁৰ জীৱনকালতেই পুতেক এয়াজিদক খলিফা পদত অভিষিক্ত কৰে আৰু এয়াজিদৰ ওচৰত বায়াত গ্ৰহণ কৰিবলৈ ইমাম হাচানক হেঁচা প্ৰয়োগ কৰে । কিন্তু ইমাম হাছান সেই হেঁচা আওকাণ কৰি এয়াজিদৰ ওচৰত বায়াত গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। কাৰণ এয়াজিদ মুছলমান হ'লেও তেওঁৰ জীৱনধাৰণ প্ৰণালী ইছলামৰ সম্পূৰ্ণ পৰিপন্থী আছিল। সেয়ে মুছলমানসকলে এয়াজিদক ভালপোৱা নাছিল। ইমাম হাছানৰ লগত বলে নোৱাৰি অৱশেষত চক্ৰান্ত কৰি ইমাম হাছানক বিহ প্ৰয়োগ কৰি হত্যা কৰা হয় । ইমাম হাছানৰ এন্তোকলৰ পাছত হজৰত আলী(কমুল্লাহ)ৰ দ্বিতীয় গৰাকী পুতেক ইমাম হোছেইনক ইমাম হিচাপে মনোনীত কৰা হয়। হোছেইন ইমাম হিচাপে মনোনীত হোৱাৰ পাছত এয়াজিদে তেওঁকো বায়াত গ্রহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। কিন্তু হোছেইনে ইয়াকে কৈ সেই দাবী অস্বীকাৰ কৰে- মোৰ নিচিনা মানুহে কেতিয়াও তোমাৰ দৰে মানুহৰ ওচৰত বায়াত গ্ৰহণ নকৰে।

বায়াত গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰি বিফল হৈ এয়াজিদে হোছেইনক হত্যা কৰিবলৈ সিদ্ধান্ত লয় । এই সিদ্ধান্তৰ মাজতে হোছেইন হজ্জ কৰিবলৈ মক্কালৈ যায়। এয়াজিদ সৈন্যই মক্কা নগৰীতে তেওঁক হত্যা কৰিবলৈ চক্ৰান্ত কৰে। কিন্তু হোছেইনে কথাটো গম পাই পবিত্র মক্কাত যাতে ৰক্তপাত নহয় তাৰ বাবে তেওঁ পুৰুষ, মহিলা, শিশু আৰু অনুগামীৰে সৈতে ৭০ জনীয়া এটা দল লৈ ইৰাকৰ কুফা অভিমুখে যাত্রা কৰে। ইমাম হোছেইন কুফা অভিমুখে যাত্ৰা কৰাৰ কথা গম পাই ইমাম হোছেইন কুফা গৈ পোৱাৰ আগতেই এয়াজিদ সৈন্যই ইউফ্রেটিচ নৈৰ পাৰত কাৰবালা নামৰ এখন মৰুপ্ৰান্তৰত ইমাম হোছেইনৰ বাট আগচি ধৰে। ফলত ইমাম হোছেইন মহৰমৰ ২ তাৰিখে সেই মৰুভূমিৰ মাজত তম্বু তৰিবলৈ বাধ্য হয়। এয়াজিদ সৈন্যই পোনপটীয়াভাবে হোছেইনক আক্ৰমণ নকৰি ফোৰাত নদীৰ পাৰত ছাউনি পাতি হোছেইনক নদীৰপৰা পানী আহৰণ বন্ধ কৰি দিয়ে। ফলত মৰুভূমিৰ প্ৰচণ্ড ৰ'দৰ উত্তাপৰ মাজত ভোক-পিয়াহত কাতৰ হৈ মানুহবিলাকে ছট্‌ফটাবলৈ ধৰে। ছমহীয়া শিশু আলী আজগৰ এটোপা পানীৰ কাৰণে ছটফটাই থকা দেখি এদিন হোছেইনে পানী বিচাৰি শিশু সন্তান আজগৰকলৈ এয়াজিদ সৈন্যৰ কাষলৈ যায়; কিন্তু শিশু আজগৰৰ যন্ত্ৰণাকাতৰ দৃশ্য প্রত্যক্ষ কৰিও পাষণ্ড এয়াজিদ সৈন্যৰ হৃদয়ত দয়া সঞ্চাৰ নহ'ল। বৰঞ্চ পাষণ্ড সৈন্যই শিশু আজগৰক শৰবিদ্ধ কৰি হত্যা কৰিলে।

ভোক পিয়াহত জৰ্জৰিত লোকৰ ওপৰত এয়াজিদ সৈন্যই এটা সময়ত আক্রমণ চলালে। এয়াজিদৰ চাৰি হাজাৰ সৈন্যৰ বিৰুদ্ধে কেইজনমান মানুহে যুদ্ধ কৰি এজন এজনকৈ সকলো পুৰুষ যুদ্ধক্ষেত্ৰত প্ৰাণ আহুতি দি ছহিদ হ'ল। অৱশেষত ইমাম হোছেইনো বীৰ বিক্ৰমে যুদ্ধ কৰি ছহিদ হ'ল । এয়াজিদ সৈন্যই হোছেইনক হত্যা কৰাৰ পাছতো সন্তুষ্ট হ'ব পৰা নাছিল। তেওঁৰ মূৰ দেহৰপৰা বিচ্ছিন্ন কৰি বৰ্ণাত বিদ্ধ কৰি ৰ'দৰ মাজত শুকাবলৈ দিছিল। কথিত আছে যে, ইমাম হোছেইনক ইমান যাতনা দি হত্যা কৰা হৈছিল যে, সেই দৃশ্য প্রত্যক্ষ কৰি এযোৰ পাৰৰ চকুৰপৰা তেজৰ চকুলো নিগৰিছিল ।

এই মর্মন্তুদ কাহিনীৰ স্মৰণতে মুছলমানসকলে মহৰমৰ প্ৰথম তাৰিখৰপৰা দহ তাৰিখলৈ শোক পালন কৰে। বহুতে ৰোজা ৰাখে। ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে হায় হোছেইন, হায় হোছেইন' বুলি চিঞৰি বুকুত হাতেৰে চপৰিয়াই অথবা শিকলিৰে আঘাত কৰি ৰক্তাক্ত হৈ পৰে। ইয়াৰ মাজতে সভা কৰি হোছেইনৰ মৃত্যু বৃত্তান্ত কবিতা আকাৰে গাইও শোক প্রকাশ কৰে। এনেকুৱা কবিতাক মাৰ্চিয়া বুলি কোৱা হয় ৷ শেষৰ দিনা অর্থাৎ মহৰমৰ দহ তাৰিখে তাজিয়া লৈ শোভাযাত্ৰা উলিওৱা হয় । তেতিয়া যুৱকসকলে বর্শা, তৰোৱাল লৈ যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰে।

মহৰমে আমাক এই শিক্ষা দিয়ে যে, অসত্যৰ আগত কেতিয়াও নতি স্বীকাৰ কৰিব নালাগে আৰু সত্য ৰক্ষা তথা প্ৰতিষ্ঠাৰ কাৰণে জীৱন বিসর্জন দিবলৈও কুণ্ঠাবোধ কৰিব নালাগে। ইমাম হোছেইনে নিজৰ জীৱন বিসৰ্জন দি আমাক ত্যাগৰ শিক্ষা দি গৈছে।**

 

            ঈদ-উল-আযহা (বকৰীদ)

আৰবী কেলেণ্ডাৰ অনুসৰি পবিত্র জিলহজ্জ মাহৰ ১০ তাৰিখে বিশ্বৰ সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী মানুহে পৰম আনন্দ আৰু মহাসমাৰোহেৰে যি ঈদ উৎসৱ পালন কৰে সেয়াই ঈদ-উল-আযহা নামেৰে জনাজাত। ঈদৰ দিনা ৰাতিপুৱা মুছলমানসকলে নির্দ্দিষ্ট মাঠ (ময়দান)ত সমৱেত হৈ জামাতত দুই ৰাকাত ওৱাজিৱ নামাজ আদায় কৰি পশু কোৰবানি কৰে

হজৰত ইব্রাহীম(আঃ) আল্লাহৰ নবী আছিল । তেওঁ স্বপ্নযোগে আদিষ্ট হৈ জিলহজ্জ মাহৰ ১০ তাৰিখে প্ৰিয়পুত্ৰ ইছমাইল (আঃ)ক মক্কাৰ মিনা পাহাৰৰ পাদদেশত কোৰবানি কৰিবলৈ লৈ গৈছিল। তেতিয়াৰপৰাই ইছলাম ধৰ্মাৱলম্বী লোকসকলে পশু কোৰাবনিৰ জৰিয়তে এই উৎসৱ পালন কৰি আহিছে। এই কোৰবানিৰ লগত হজৰত ইব্রাহীম(আঃ), হজৰত ইছমাইল(আঃ) আৰু বিবি হাজেৰা (ৰহঃ)ৰ এক মমজুদ কাহিনী সম্পৃক্ত হৈ আছে।

হজৰত ইব্রাহীম(আঃ)ৰ দ্বিতীয় গৰাকী পত্নী বিবি হাজেৰা(ৰহঃ) মিছৰৰ অধিবাসী আছিল। তেতিয়া মিছৰৰ বাদচাহ আছিল ব্যভিচাৰী, নাৰীলোভী লম্পট চাদুন। নাৰীক তেওঁ ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছিল। বিবি হাজেৰা(ৰহঃ)ৰ ওপৰতো তাৰ চকু পৰিছিল। সি হাজেৰা(ৰহঃ)ক পাপ প্ৰস্তাৱ আগবঢ়াইছিল; কিন্তু হাজেৰা(ৰহঃ) তাৰ পাপ প্ৰস্তাৱত সন্মত নোহোৱাত সি হাজেৰা(ৰহঃ)ক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। চাদুনৰ এই অন্যায় উৎপীড়নৰ কথা হজৰত ইব্রাহীম(আঃ)ৰ কাণত পৰে আৰু তেওঁ চাদুনৰ উৎপীড়ন অত্যাচাৰৰপৰা মিছৰবাসীক উদ্ধাৰৰ সংকল্প লৈ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে স্ত্ৰী ছাৰাক লৈ মিছৰলৈ আহে। লম্পট চাদুনে ইব্রাহীম(আঃ)কো বন্দী কৰি স্বভাৱজাতভাবে ছাৰাৰ প্ৰতিও কামনাৰ হাত প্ৰসাৰিত কৰে; কিন্তু ছাৰাৰ সতীত্ব গুণৰ বলত আৰু অলৌকিক শক্তিৰ প্ৰভাৱত চাদুনৰ সৰ্বশৰীৰ অৱশ হৈ পৰে আৰু সি অন্ধ হৈ যায়। ফলত চাদুনৰ জ্ঞান-চক্ষু মুকলি হয় আৰু সি হজৰত ইব্রাহীম (আঃ)ক বন্দীদশাৰ পৰা মুক্ত কৰি তাৰ কৃতকৰ্মৰ বাবে ক্ষমা প্রার্থনা কৰি ইব্রাহীম (আঃ)ৰ প্ৰচাৰিত ধৰ্মত দীক্ষিত হয়কৃতজ্ঞতাৰ চিহ্নস্বৰূপে সি হাজেৰা (ৰহঃ)ক বন্দীদশাৰপৰা মুক্ত কৰি ইব্রাহীম (আঃ)ৰ হাতত সমৰ্পণ কৰে। প্ৰথমাৱস্থাত হজৰত ইব্রাহীম (আঃ)এ হাজেৰা (ৰহঃ)ক নিজৰ লগত আনিবলৈ ইতস্ততঃ কৰিছিল যদিও শেষত ছাৰাৰ পৰামৰ্শমৰ্মে জেৰুজালেমলৈ লৈ আহে। তেতিয়াৰপৰা হাজেৰা(ৰহঃ) সুদীৰ্ঘদিন হজৰত ইব্রাহীম (আঃ)ৰ গৃহত আশ্রিতা হিচাপে আছিল ৷

প্রথমা স্ত্ৰী ছাৰাৰ অনাবিল প্ৰেমৰ মাজত হজৰত ইব্রাহীম (আঃ)ৰ পাৰিবাৰিক জীৱন অতি সুখেৰেই অতিবাহিত হৈ আছিল । অৰ্থ, খাদ্য, বাসস্থান, প্রতিষ্ঠা কোনো বস্তুৰে অভাৱ নাছিল তেওঁলোকৰ সংসাৰত । কিন্তু সুদীৰ্ঘ দাম্পত্য জীৱনত তেওঁলোকৰ কোনো সন্তানৰ মুখ দেখাৰ সৌভাগ্য হোৱা নাছিল । সেয়ে ছাৰাৰ অনুৰোধক্রমে বংশৰক্ষাৰ কাৰণে হজৰত ইব্রাহীম (আঃ) প্রৌঢ় বয়সত বিবি হাজেৰাৰ লগত বিবাহপাশত আৱদ্ধ হয়। প্ৰকৃতিৰ নিয়ম অনুসৰি হজৰত হাজেৰাই পৰম সুশ্ৰী এটি পুত্ৰ সন্তান লাভ কৰে। প্রৌঢ় বয়সত পুত্ৰ সন্তান লাভ কৰি হজৰত ইব্রাহীম (আঃ) আনন্দত উৎফুল্লিত হৈ উঠে আৰু পুত্ৰ সন্তানৰ নাম ৰাখে ইছমাইল।

মানৱ চৰিত্ৰ বিচিত্র। মানৱ চৰিত্ৰৰ গতিৰোধ কৰা বহু সময়ত অসম্ভৱ হৈ পৰে। ছাৰাৰ ক্ষেত্ৰতো সেয়াই হ'ল। হজৰত ইব্রাহীম (আঃ)ৰ বংশৰক্ষাৰ আকাংক্ষাত যিগৰাকী ছাৰা ব্যাকুল আছিল, যাৰ অনুৰোধক্ৰমে হজৰত ইব্রাহীম (আঃ) হজৰত হাজেৰা (ৰহঃ)ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল, সেইগৰাকী ছাৰাই শিশু সন্তান ইছমাইল আৰু হজৰত হাজেৰা (ৰহঃ)ৰ প্ৰতি বিদ্বেষী হৈ উঠিল আৰু শিশুপুত্র ইছমাইলসহ হাজেৰা(ৰহঃ)ক তৃণ, পানীহীন মৰুপ্ৰান্তৰত নিৰ্বাসন দিবলৈ হজৰত ইব্রাহীম (আঃ)ক বাধ্য কৰালে। নানা দুখ-কষ্টৰ মাজেৰে কিছুদিন অতিবাহিত কৰাৰ পাছত আল্লাহৰ অপাৰ মহিমাত তৃণ পানীহীন মৰুপ্ৰান্তৰ এটা সময়ত সমৃদ্ধশালী জনপদ তথা ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৈ উঠে আৰু কালক্ৰমত বিশ্বৰ বুকুত পবিত্র মক্কা নগৰী হিচাপে পৰিচিত হৈ পৰে। হাজেৰা(ৰহঃ)ক নিৰ্বাসন দি অহাৰ পাছত হজৰত ইব্রাহীম (আঃ)এ এদিন হাজেৰা(ৰহঃ) আৰু ইছমাইল(আঃ)ৰ খবৰ ল'বলৈ গৈ উভয়ক অক্ষত অৱস্থাত লগ পাই পৰম তৃপ্তি লাভ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ মাজে-সময়ে স্ত্রী-পুত্ৰৰ খবৰ ল'বলৈ মক্কা নগৰী লৈ অহা-যোৱা কৰিবলৈ ধৰে। ফলত হজৰত ইব্রাহীম (আঃ)ৰ হৃদয়ত লাহে লাহে সন্তান বাৎসল্য স্নেহই প্রবল ৰূপ ধাৰণ কৰে।

হজৰত ইব্রাহীম (আঃ)এ নিজৰ সন্তানক আল্লাহৰ নামত বিসৰ্জন কৰিব পাৰে, নে নাই তাকে পৰীক্ষা কৰিবলৈ মনস্থ কৰি আল্লাহই হজৰত ইব্রাহীম (আঃ)ক জিলহজ্জ মাহৰ ৮ তাৰিখে স্বপ্নযোগে কলে- হেইব্রাহীম! তুমি মোৰ নামত তোমাৰ প্ৰিয়বস্তু কোৰবানি কৰা ৷সপোন দেখি হজৰত ইব্রাহীম (আঃ)ৰ টোপনি ভাঙি গ'ল আৰু পাছদিনা ৰাতিপুৱা দোকমোকালিতে তেওঁ আল্লাহৰ নামত এশ উট কোৰবানি কৰিলে ৷ পাছদিনা ৰাতি তেওঁ পুনৰ একেই সপোন দেখিলে। সপোন দেখি বিস্মিত হৈ তেওঁ ভাবিলে- মোৰ কোৰবানিত হয়তো কিবা ত্ৰুটি হৈছে, যাৰ বাবে আল্লাহই মোৰ কোৰবানি কবুল(স্বীকাৰ) কৰা নাই। পাছদিনা ৰাতিপুৱা তেওঁ পুনৰ এশ উট কোৰবানি কৰিলে। কিন্তু এইবাৰো সেই কোৰবানি কবুল নহ'ল। ৰাতি তেওঁ পুনৰ সপোন দেখিলে। সপোনত আল্লাহই কলে- ইব্রাহীম! মিছাতে তুমি এইদৰে ৰক্তপাত কৰিছা কিয়? তুমি তোমাৰ আটাইতকৈ প্রিয়বস্তু কোৰবানি কৰা৷

সপোন দেখি হজৰত ইব্রাহীম (আঃ)ৰ টোপনি ভাঙি গ'ল। তেওঁ লগে লগে বিছনাত উঠি বহিল। তেওঁ ভাবিবলৈ ধৰিলে, নিশ্চয় আল্লাহই মোৰ ওচৰত পশু কোৰবানি বিচৰা নাই। মোৰ আটাইতকৈ প্রিয় বস্তুটোহে বিচাৰিছে; কিন্তু কি সেই প্রিয় বস্তু! বহু সময় চিন্তামগ্ন থকাৰ পাছত তেওঁ মনে মনে ভাবিলে, প্রাণাধিক পুত্র ইছমাইলেতো মোৰ আটাইতকৈ প্ৰিয় বস্তু। তাক ম‍ই প্ৰাণতকৈও অধিক স্নেহ কৰোঁ । তেনেহ'লে আল্লাহই ইছমাইলকে কোৰবানি দিবলৈ কৈছে নেকি? হয়, বুজিব পাৰিছো, আল্লাহই নিশ্চয় মোৰ হৃদয়ৰ ধন ইছমাইলকে কোৰবানি হিচাপে বিচাৰিছে! সেই কাৰণেইতো আল্লাহই মোৰ পশু কোৰবানি কবুল কৰা নাই! এইদৰে মনতে ভাবি হজৰত ইব্রাহীম(আঃ) প্রাণাধিক পুত্র ইছমাইলকে কোৰবানি দিয়াৰ বাবে মনস্থিৰ কৰিলে।

পাছদিনা দোকমোকালিতে হজৰত ইব্রাহীম(আঃ) হাজেৰা (ৰহঃ)ৰ ওচৰলৈ আহি ক'লে- ইছমাইলক গা-পা ধোৱাই সজাই-পৰাই দিয়া, তেওঁক লৈ মই ফুৰিবলৈ যাম । স্বামীৰ প্ৰকৃত মনোভাব উপলব্ধি কৰিব নোৱাৰি হাজেৰা(ৰহঃ)ই স্বামীৰ কথামতে গা-পা ধোৱাই সজাই-পৰাই ইছমাইলক স্বামীৰ লগত পঠিয়াই দিলে।

ইছমাইলক লৈ হজৰত ইব্রাহীম (আঃ) মীনা পাহাৰৰ পাদদেশলৈ আহি ক'লে- হে' মোৰ প্ৰাণধিক পুত্ৰ ইছমাইল ! মই সপোনত প্ৰত্যক্ষ কৰিছো যে, মই তোমাক আল্লাহৰ নামত কোৰবানি কৰিছো, এই বিষয়ে তোমাৰ অভিমত কি?

পিতৃৰ যোগ্য সন্তান ইছমাইল। তেওঁ পিতৃৰ কথা শুনি কলে- দেউতা, আপুনি আল্লাহৰ নিৰ্দ্দেশ নিৰ্বিঘ্নে পালন কৰক। মোক আপুনি নিশ্চয় ধৈর্যশীল ৰূপতেই দেখিবলৈ পাব। দেউতা, এই পৃথিবীত আল্লাহৰ সৃষ্ট জীৱৰ অভাৱ নাই; কিন্তু তাৰ মাজৰপৰৰা আল্লাহই মোক তেওঁৰ উদ্দেশ্যে উৎসর্গ কৰাৰ কাৰণে মনোনীত কৰিছে, ইয়াতকৈ সৌভাগ্যৰ কথা মোৰ কাৰণে কি হ'ব পাৰে! সঁচাকৈয়ে আজি মোৰ জীৱন ধন্য হ'ল। আপুনি বিন্দুমাত্র দ্বিধা-সংকোচ নকৰাকৈ এই মুহূর্তেই মোক আল্লাহৰ নামত কোৰবানি কৰক।

পুত্ৰৰ কথা শুনি হজৰত ইব্রাহীম (আঃ) উৎফুল্লিত হৈ আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি ক'লে- হেমোৰ আল্লাহ সঁচাকৈয়ে ম‍ই ভাগ্যবান! তুমি মোক উপযুক্ত সন্তান দান কৰিছা। এনেকুৱা সুপুত্ৰ লাভ কৰি মোৰ জীৱন ধন্য হ'ল।' এইদৰে আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ ইছমাইলক কাষলৈ টানি আনি বুকুত সাৱটি ধৰি কপালত চুমা খালে ৷ তাৰ পাছত ইছমাইলৰ হাত-ভৰি বান্ধি মাটিত শুৱাই দি সুতীক্ষ্ণ ছুৰী হাতত লৈ আল্লাহৰ উদ্দেশ্যে কলে- হেমোৰ আল্লাহ, তুমি এই অধমৰ কোৰবানি কবুল কৰা।' এইদৰে কৈয়ে তেওঁ বিছমিল্লাহি ৰহমানিৰ ৰাহীম, আল্লাহু আকবৰ' বুলি ইছমাইলৰ ডিঙিত ছুৰী চলালে। কিন্তু ইকি অদ্ভুত কাণ্ড! তেওঁ ইছমাইলৰ ডিঙিত সামান্যতম দাগো বহুৱাব নোৱাৰিলে, কটাতো দূৰৰে কথা! কাণ্ড প্ৰত্যক্ষ কৰি বিস্ময়ত হতবাক হৈ হজৰত ইব্রাহীম (আঃ)এ ছুৰীৰ ধাৰ পৰীক্ষা কৰিবলৈ ধৰিলে । ধাৰ ঠিকেই আছে, সামান্য মাখি এটা পৰিলেও দুছেও হৈ যাব এনেকুৱা ধাৰ বিদ্যমান ছুৰীত। অথচ তেওঁ ইছমাইলৰ ডিঙিৰ নোম এডালো কাটিবলৈ সক্ষম হোৱা নাই! ই কেনেকৈ সম্ভৱ! তেওঁ হয়তো পুত্ৰ স্নেহৰ কাৰণে প্ৰয়োজনীয় বল প্রয়োগ কৰিব পৰা নাই! যাৰ বাবে তেওঁ ইছমাইলৰ ডিঙিৰ নোম এডালো কটিবলৈ সক্ষম হোৱা নাই। এইদৰে মনতে ভাবি তেওঁ এইবাৰ সজোৰে ইছমাইলৰ ডিঙিত ছুৰী চলালে। কিন্তু বিস্ময়ৰ কথা যে, এইবাৰো তেওঁ ইছমাইলৰ ডিঙিত সামান্যতম দাগো বহুৱাব নোৱাৰিলে। অৱশেষত তেওঁ উপৰ্যুপৰি ইছমাইলৰ ডিঙিত ছুৰী চলালবলৈ ধৰিলেকিন্তু প্ৰতিবাৰতে তেওঁ ব্যৰ্থ হ'ল।

বাৰে বাৰে ব্যৰ্থ হৈ হজৰত ইব্রাহীম (আঃ)এ খঙেৰে সৈতে ছুৰীখন এডোখৰ শিলাখণ্ডৰ ওপৰত দলি মাৰি দিলে। ছুৰীৰ আঘাতত শিলাখণ্ড দুছেও হৈ গ'ল। দৃশ্য প্ৰত্যক্ষ কৰি হজৰত ইব্রাহীম (আঃ) হতবাক হৈ পৰিল। ছুৰীৰ ধাৰে শিলাখণ্ড দুছেওকৈ কাটিলে, অথচ তেজ- মঙহৰ মানুহৰ নোম এডালো কাটিব নোৱাৰিলে! এইদৰে মনতে ভাবি কিংকৰ্ত্তব্যবিমূঢ় হৈ কিছুপৰ থিয় দি থাকি পুনৰ তেওঁ ইছমাইলৰ ডিঙিত ছুৰী চলাবলৈ অগ্ৰসৰ হ'ল। তেতিয়া ইছমাইল (আঃ)এ কলে- দেউতা, আপোনাৰ হৃদয় হয়তো পুত্র স্নেহত সিক্ত । তাৰ বাবেই হয়তো আপুনি দুৰ্বল হৈ পৰিছে আৰু মোক কোৰবানি দিবলৈ অসফল হৈছে। আপোনাৰ চকুযোৰ কাপোৰৰদ্বাৰা বান্ধি লওঁক, যাতে মোৰ ওপৰত আপোনাৰ দৃষ্টি নপৰে । ধাৰণা হৈছে, চকুত কাপোৰ বান্ধি ল'লে আপুনি আপোনৰ ঈস্পিত কাৰ্যত সফল হ'ব পাৰিব ।

ইছমাইল(আঃ)ৰ কথা শুনি হজৰত ইব্রাহীম (আঃ)এ ভাবিলে, পুত্ৰৰ কথাই হয়তো ঠিক! ম‍ই সঁচাকৈয়ে হয়তো পুত্ৰ স্নেহৰ কাৰণে ঠিকমতে ছুৰী চলাবলৈ সক্ষম হোৱা নাই। নহ'লে ইমান তীক্ষ্ণধাৰ ছুৰীৰে কিয় মই ইছমাইলৰ ডিঙিৰ নোম এডালো কাটিবলৈ সক্ষম হোৱা নাই! চাওঁ, ইছমাইলৰ পৰামৰ্শ অনুসৰি চকুত কাপোৰ বান্ধি কিবা কৰিব পাৰো নেকি? এইদৰে মনে মনে সিদ্ধান্ত লৈ তেওঁ নিজৰ চকুযোৰ কাপোৰেৰে ভালদৰে বান্ধি লৈ পুনৰ ইছমাইলৰ ডিঙিত ছুৰী চলাবলৈ অগ্ৰসৰ হ'ল।

এই অৱসৰত আল্লাহই হজৰত জিব্রাইল(আঃ)ক নিৰ্দ্দেশ দিলে-যোৱা, ইছমাইলৰ পৰিৱৰ্ত্তে তাত দুম্বা এটা ৰাখাগৈ।' আল্লাহৰ নিৰ্দ্দেশত হজৰত জিব্রাইল(আঃ)এ ইছমাইলক আঁতৰাই তেওঁৰ পৰিৱৰ্ত্তে তাত দুম্বা এটা ৰাখিলে। হজৰত ইব্রাহীম (আঃ)এ বিছমিল্লাহি' বুলি ছুৰী চলালে আৰু লগে লগে দুম্বা জবেহ হৈ গ'ল। কোৰবানি কবুল হল বুলি ভাবি হজৰত ইব্রাহীম (আঃ)এ চকুৰ কাপোৰ খুলিলে । কিন্তু তেওঁ দৃশ্য দেখি অবাক হল। ইছমাইল নহয়, তেওঁৰ সন্মুখত এটি জবেহকৃত দুম্বা ছট্‌ফটাই আছে আৰু ইছমাইল তেওঁৰ কাষত হাঁহিমুখে থিয় দি আছে। দৃশ্যটো দেখি হজৰত ইব্রাহীম (আঃ)ৰ মনত ক্ষোভ উপজিল। কিয় তেওঁ বাৰে বাৰে ইছমাইলক কোৰবানি দিবলৈ ব্যৰ্থ হৈছে! তেওঁৰ কি ভুল হৈছে? এইদৰে নিজকে প্ৰশ্ন কৰি তেওঁ মনৰ ক্ষোভত কলে- নাজানো, হেমোৰ আল্লাহ, কি অপৰাধত তুমি মোৰ কোৰবানি কবুল কৰা নাই !

তেতিয়া অদৃশ্যৰপৰা শব্দ ভাহি আহিল- ইব্রাহীম, তুমি দুখ নকৰিবা। তুমি আল্লাহৰ মহা পৰীক্ষাত উত্তীৰ্ণ হৈছা। তোমাৰ কোৰবানি কবুল হৈছে। আচলতে তোমাৰ সন্তানক কোৰবানি কৰাটো আল্লাহৰ অভিপ্রেত নাছিল, আল্লাহই মাথোন তোমাক পৰীক্ষা কৰিহে চালে, যে তুমি আল্লাহৰ নিৰ্দ্দেশত তোমাৰ সৰ্বাধিক প্রিয় বস্তুক আল্লাহৰ নামত কোৰবানি কৰিব পাৰা, নে নাই। জানি থোৱা, আল্লাহই ধার্মিসকলক পৰীক্ষা কৰি থাকে৷ আজিৰপৰা তুমি তোমাৰ ত্যাগৰ পুৰস্কাৰ স্বৰূপ আল্লাহৰ খলীল অর্থাৎ বন্ধুৰূপে ভূষিত হলা ।

অদৃশ্যবাণী শ্ৰৱণ কৰি হজৰত ইব্রাহীম(আঃ) আনন্দত উৎফুল্লিত হৈ ইছমাইল(আঃ)ক বুকুত সাৱটি ধৰি আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলে। তাৰ পাছত ইছমাইলক লৈ আনন্দ মনেৰে ঘৰলৈ উভতি আহিল । ঘৰলৈ আহি হজৰত ইব্রাহীম (আঃ)এ হাজেৰা(ৰাজিঃ)ৰ আগত সকলো কথা বিৱৰি ক'লে। স্বামীৰ মুখত ঘটনাৰ আনুপূর্বিক বিৱৰণ শুনি হাজেৰা(ৰহঃ)ও অভিভূত হৈ পৰিল । তেওঁ আল্লাহৰ অপাৰ কৰুণাত প্ৰিয়পুত্ৰ ইছমাইলক অক্ষত অৱস্থাত উভতাই পাই আল্লাহৰ উদ্দেশ্যে কৃতজ্ঞতা জ্ঞাপন কৰি পুত্ৰ ইছমাইলক বুকুত সাৱটি ধৰিলে।

সেইদিনাৰপৰা উক্ত ঘটনাৰ স্মৰণত ইছলাম ধৰ্মাৱলম্বীলোকে পশু কোৰবানিৰদ্বাৰা ঈদ উৎসৱ পালন কৰি আহিছে। আল্লাহই কোৰআনত ঘোষণা কৰিছে- তোমালোকৰ নিমিত্তে (কোৰবানিৰ) উটবোৰক স্থিৰ কৰিছো আল্লাহৰ পবিত্ৰ চিহ্নস্বৰূপ; ইয়াৰ মাজত আছে তোমালোকৰ নিমিত্তে মংগল, গতিকে সেইবোৰক শাৰী শাৰীকৈ থিয় কৰোৱাৰ পাছত (কোৰবানি কৰাৰ আগত) আল্লাহৰ নাম স্মৰণ কৰিবা। উটবোৰ ইকাষে-সিকাষে মাটিত পৰি মৰাৰ পাছত সেইবোৰৰ মঙহ নিজেও খাবা আৰু যিজনে প্রকাশ্যে নিজৰ অভাৱ প্ৰকাশ নকৰে আৰু যিজনে প্ৰকাশ কৰে (মগনীয়া) দুয়ো শ্ৰেণীৰ মানুহক খাবলৈ দিবা; এইবাবেই এনেবিলাক বস্তুক তোমালোকৰ বশৱৰ্ত্তী কৰিছো, যাতে তোমালোকে মোৰ শলাগ লোৱা।(ছুৰা আল হজ্জঃ ৩৭)

যিসকলৰ ওচৰত জাকাত ফজ, ফিত্ৰা ওৱাজিৱ সেইসকলৰ ওপৰত কোৰবানি কৰাও ওৱাজিৱগৰু, ', উট, ছাগলী, ভেড়া, দুম্বা প্রভৃতি পশু কোৰবানি কৰিব লাগে। কোৰবানিৰ পশু সুন্দৰ, সুস্থ আৰু স্বাস্থ্যবান হোৱাটো জৰুৰী। কণা, খোৰা, ৰোগগ্রস্ত, অন্ধ, অতি দুৰ্বল, অতি বৃদ্ধ পশু কোৰবানি কৰাৰ কাৰণে উপযুক্ত নহয়। কোৰবানিৰ মঙহ তিনি ভাগ কৰি এভাগ দাতাই নিজৰ কাৰণে ৰাখিব লাগে, এভাগ আত্মীয়-স্বজনক বিলাই দিব লাগে আৰু এভাগ নিঃস্ব দুখীয়া-নিঃকিনক দান কৰিব লাগে ৷ ইয়াৰ ব্যতিক্ৰম কৰিলে কোৰবানিৰ উদ্দেশ্য নষ্ট হৈ যায়। কিন্তু পৰিয়ালত জনসংখ্যা বেছি থাকিলে নাইবা আলহী আহিলে দাতাই কিছু বেছি ৰাখিব পাৰে। কোৰবানিকৃত পশুৰ ছাল বিক্ৰী কৰি পোৱা ধন দুখীয়া নিঃকিনৰ মাজত বিলাই দিব লাগে ৷

কোৰবানি ধৰ্মীয় উপাসনাৰ লগত জড়িত হ'লেও ইয়াৰ লগত ত্যাগৰ আদৰ্শও জড়িত হৈ আছে।**

 

                       হোলী

                হোলী ৰঙৰ উৎসৱ৷ ঋতুৰাজ বসন্তৰ আগমনৰ প্ৰাকক্ষণত হোলী উৎসৱ পালন কৰা হয়। বসন্ত ঋতুৰ আনন্দ উৎসৱৰ মাজত পালন কৰা হয় কাৰণে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয়। হোলী সাধাৰণতে যুৱক-যুৱতীসকলৰ কাৰণে এক আনন্দদায়ক উৎসৱ। হোলী উৎসৱ অতীজৰেপৰা চলি আহিছে। সপ্তম শতিকাৰপৰা চলি আহিছে বুলি বিভিন্ন সূত্ৰৰপৰা জনা যায়। হোলী উৎসৱ দুদিনলৈ স্থায়ী হয় । ইয়াক উৰ্বৰতা, ৰং আৰু প্ৰেমৰ উৎসৱ হিচাপেও জনা যায়। পৌৰাণিক সাহিত্যতো হোলীৰ বৰ্ণনা থকা দেখা যায়। ইয়াৰ মাজত প্ৰমুখ গ্ৰন্থ হ', জামিনীৰ মীমাংসা সূত্ৰ আৰু কথা গার্হস্থ সূত্র। নাৰদ পুৰাণ আৰু ভৱিষ্য পুৰাণতো হোলীৰ বৰ্ণনা আছে। বিন্ধ্য ক্ষেত্ৰত অৱস্থিত ৰামগড়স্থিত এক অভিলেখনত হোলীৰ বৰ্ণনা আছে।

                প্রসিদ্ধ মুছলমান পর্যটক আলবেৰুণীয়ে নিজৰ ঐতিহাসিক যাত্ৰাৰ স্মৰণত হোলীৰ কথা উল্লেখ কৰি গৈছে। ভাৰতৰ বহু মুছলমান কবিয়ে নিজৰ ৰচনাত উল্লেখ কৰিছে যে, আগৰ দিনত মাথোন হিন্দুসকলেই হোলী খেলা নাছিল, মুছলমানসকলেও হোলী খেলিছিল। মোগল ৰাজত্বকালত সম্রাট আকবৰে যোধাবাঈৰ লগত আৰু জাহাংগীৰে নুৰজাহানৰ লগত হোলী খেলাৰ বৰ্ণনা পোৱা যায়। আলৱাৰত সংৰক্ষিত একচিত্ৰত জাহাংগীৰক হোলী খেলি থকা অৱস্থাত দেখুৱা হৈছে। চাহজাহানৰ সময়ত হোলীক ঈদ-এ-গোলাবী আৰু আব-এ-পার্শী(ৰঙৰ ফোৱাৰা) বুলি কোৱা হৈছিল। মধ্যযুগীয় বর্ণনাত কৃষ্ণলীলাত হোলী উৎসৱৰ চিত্ৰ চিত্রায়িত থকা দেখা যায় ।

                হোলীৰ লগত পৌৰাণিক কাহিনী জড়িত হৈ আছে যদিও প্ৰহ্লাদ, হিৰণ্যকশিপু আৰু হোলিকাৰ কাহিনীয়ে আটাতকৈ মুখ্য আৰু লোকপ্ৰিয়। পৌৰাণিক কাহিনী অনুসৰি অতীজত হিৰণ্যকশিপু নামৰ এজন অতি দুষ্ট আৰু নিষ্ঠুৰ ৰজা আছিল। তেওঁ নাস্তিক আছিল আৰু ঈশ্বৰ ভক্তসকলৰ প্ৰতি বিদ্বেষভাব পোষণ কৰিছিল। তেওঁ তেওঁৰ ৰাজ্যত ঘোষণা কৰিছিল যে, আটায়ে যেন নাৰায়ণৰ পৰিৱৰ্ত্তে তেওঁৰ পূজা কৰে। কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদ নাৰায়ণৰ ভক্ত আছিল। গতিকে দেউতাকৰ সাৱধানবাণী সত্ত্বেও তেওঁ নাৰায়ণৰ পূজা কৰিছিল ৷ প্ৰহ্লাদৰ এই কাৰ্যত অসন্তুষ্ট হৈ প্ৰহ্লাদে যাতে নাৰায়ণক পূজা কৰিব নোৱাৰে তাৰবাবে হিৰণ্যকশিপুই বহু শাস্তিমূলক উপায় অৱলম্বন কৰিলে । তেওঁক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিয়া হ'ল। তেওঁৰ সন্মুখত পগলা হাতী মেলি দিয়া হ'ল। কিন্তু প্রতিবাৰেই প্ৰহ্লাদ নাৰায়ণৰ কৃপাত ৰক্ষা পৰিল অৱশেষত প্ৰহ্লাদক হত্যা কৰাৰ কাৰণে হিৰণ্যকশিপুই এক ষড়যন্ত্ৰ কৰিলে। ষড়যন্ত্ৰটো আছিল এনেধৰণৰ- হিৰণ্যকশিপুৰ হোলিকা নামৰ এজনী ভনীয়েক আছিল। তাইৰ এখন জাদুকৰি চাদৰ আছিল। সেই চাদৰৰ ওপৰত জুইৰ কোনো প্ৰভাৱ নপৰিছিল। হিৰণ্যকশিপুৰ নিৰ্দ্দেশ মতে হোলিকাই সেই চাদৰ গাত জাপি প্ৰহ্লাদক লৈ জুইৰ মাজলৈ গৈ বহিল। কিন্তু ভগবানৰ কৃপাত পৰিণাম বিপৰীত হ'ল। জুইৰ উত্তাপত হোলিকা পুৰি মৰিল আৰু প্ৰহ্লাদ নাৰায়ণৰ কৃপাত কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ অক্ষত অৱস্থাত জুইৰ মাজৰপৰা জীৱন্তে ওলাই আহিল । হোলিকাক পুৰি মৰা আৰু প্ৰহ্লাদ জীৱন্তে জুইৰ মাজৰপৰা ওলাই অহাৰ আনন্দত এই উৎসৱ পালন কৰা হয়। প্ৰহ্লাদৰ অৰ্থ আনন্দ আৰু হোলিকাৰ অৰ্থ উৎপীড়ন বুলি ধৰণা কৰা হয়।

                প্ৰহ্লাদৰ কাহিনীৰ বাহিৰেও ৰাক্ষসী বুঢ়ী, ৰাধা-কৃষ্ণৰ ৰাস আৰু কামদেৱৰ পুনৰ্জনমৰ লগত হোলী উৎসৱ সাঙোৰ খাই আছে। বহুতে ধাৰণা কৰে যে, শ্ৰীকৃষ্ণই পুতনা ৰাক্ষসীক বধ কৰাৰ আনন্দত এই আনন্দ উৎসৱ পালন কৰা হয়। ভাৰত আৰু নেপলাত এই উৎসৱ বিশেষভাবে পালন কৰা হয় ৷

                ফাগুন মাহৰ পূৰ্ণিমা তিথিত দুটা পৰ্যায়ত এই উৎসৱ পালন কৰা হয়। এটা হ'ল হোলিকা দহন আৰু আনটো হ'ল ৰঙৰ উৎসৱ। পূৰ্ণিমাৰ এমাহ আগৰপৰাই মানুহে গাঁৱৰ বাহিৰত জনশূন্য স্থানত কাঠখৰি জমা কৰিবলৈ ধৰে। সেই খৰিৰ স্তুপক পুতনা অথবা হোলিকাৰ প্ৰতীকাত্মক ৰূপত সজোৱা হয় আৰু পূৰ্ণিমাৰ নিশা সেয়া জুই জ্বলাই পুৰি পেলোৱা হয়। হোলিকা দহনৰ সময়ত প্ৰাৰ্থনা জনোৱা হয় যে, হোলিকাৰ দৰে যেন সকলোৰে অন্তৰৰ বেয়া শক্তিবোৰ পুৰি ছাই হৈ যায়। নিশা হোলিকা দহনৰ পাছত ৰাতিপুৱা অৰ্থাৎ নতুন বছৰৰ প্ৰথমদিনা ৰং, আবীৰ, ফাঁকুগুৰি ছটিয়াই, গালে-মুখে ৰং সানি ইজনে-সিজনক ৰঙৰ সৰোবৰত পৰিণত কৰি মহা ধুমধামেৰে হোলী উৎসৱ পালন কৰা হয় ।

                হোলীৰ দিনা আটয়েৰে ঘৰত ভাল ভাল খাদ্য প্ৰস্তুত কৰা হয়। এই উৎসৱৰ আন এটা বিশেষত্ব হ', মানুহবিলাকে ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ ইজনে-সিজনৰ লগত আলিংগন কৰে। তেওঁলোকৰ লগত বহি একেলগে এসাজ খায়। ফলত ওচৰ-চুবুৰীয়াৰ লগত বন্ধুত্বৰ ভেটি সুদৃঢ় হয়। হোলীৰ মাজত বিশেষ ধৰণৰ গীত গোৱা হয়। হোলীৰ কেইদিনমান আগৰে পৰা গীতৰ সুৰত আকাশ-বতাহ মুখৰিত হৈ থাকে । অর্থাৎ দিনবোৰ আনন্দ-স্ফূতিৰ মাজেৰে পাৰ কৰে ।**

 

                     মে-ডাম-মে-ফি

আহোমসকলে প্ৰতিবছৰ জানুৱাৰী মাহৰু ৰ তাৰিখে মে-ডাম-মে-ফি উৎসৱ পালন কৰেপ। মে-ডাম-মে-ফি আহোমসকলৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল- মে শব্দৰ অৰ্থ হ'ল উছৰ্গা, ডাম শব্দৰ অৰ্থ পুৰ্বপুৰুষ আৰু ফি শব্দৰ অৰ্থ হ'ল ঈশ্বৰ। মে-ডাম-মে-ফি সামগ্রিক অৰ্থ হ', পুৰ্বপুৰুষ তথা মৃতকৰ উদ্দেশ্যে ঈশ্বৰক উছৰ্গা। আহোমসকলে অতীজৰেপৰা এই উৎসৱ পালন কৰি আহিছে। আহোমসকলৰ বুৰঞ্জীৰপৰা জানিবপৰা যায় যে, স্বৰ্গৰ দেৱতা লেংডনে যেতিয়া তেওঁৰ দুগৰাকী নাতিয়েক খুনলাং আৰু খুনলাইক সোণৰ চেইন দি মৰ্ত্তলৈ পঠাইছিল তেতিয়া জ্ঞানৰ দেৱতা গাছিংফাই তেওঁলোকক পাৰৰ্লং উম্‌ফা, ফুৰালং, মে-ডাম-মে-ফি আৰু ৰিখান দেৱতাক বিভিন্ন সময়ত পূজা আগবঢ়াবলৈ উপদেশ দি পঠাইছিল। ঠিক তেতিয়াৰপৰা আহোমসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰি আহিছে। ৰাজপৰিয়ালে ৰাজহুৱাভাবে আৰু সাধাৰণ মানুহে ব্যক্তিগতভাবে নিজ গৃহত এই পূজা অনুষ্ঠান সমাপন কৰে।

আহোম বুৰঞ্জীৰ অনুবাদক জি, চি বৰুৱাই বিভিন্ন অৱসৰত আহোমসকলে বিভিন্ন মে-ডাম-মে-ফি উৎসৱ পালন কৰিছিল বুলি উল্লেখ কৰিছে। বৰুৱাই বৰ্ণনা কৰা মতে দিহিঙ্গীয়া ৰজাই ১৫৬৩ চনত ধনশিৰি নৈৰ পাৰত সংঘটিত হোৱা যুদ্ধত কছাৰী ৰজাক পৰাজিত কৰি ধনশিৰি উপত্যকা আৰু কলং নৈৰ উত্তৰ পাৰৰ অংশ দখল কৰিছিল । যুদ্ধত জয়ী হোৱাৰ পাছত তেওঁ নিজৰ ৰাজ্যৰ স্থায়ীত্ব আৰু বিষয়াসকলৰ দীর্ঘায়ু কামনা কৰি নিজৰ ৰাজধানীত মে-ডাম-মে-ফি আৰু ৰিখান উৎসৱ পালন কৰিছিল। কোঁচসকলৰ দ্বাৰা নিজ ৰাজ্যৰ ক্ষতি হোৱাৰ আশংকা কৰি চুখামফা ওৰফে খোৰা ৰজাই কোঁচ ৰজাৰ লগত মিত্ৰতা কৰিছিল আৰু এই মিত্ৰতাৰ পাছত তেওঁ নিজৰ ৰাজধানীত মে-ডাম- মে-ফি পূজা উৎসৱ পালন কৰিছিল। প্ৰতাপ সিঙে তিনিবাৰ মে-ডাম-মে-ফি পূজা উৎসৱ পালন কৰিছিল। ১৬০৬ খ্ৰীষ্টাব্দত কপিলী আৰু মৰা দৈয়াঙৰ সংগমস্থলীত সংঘটিত হোৱা যুদ্ধত মোগলসকলক পৰাজিত কৰি তেওঁ সৰ্বপ্ৰথম এই উৎসৱ পালন কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত মোগলসকলক আগিয়া বান্ধত মোগলসকলক পৰাজিত কৰি তেওঁ দ্বিতীয় বাৰ আৰু মোগলসকলৰ হাতত পৰাস্ত হোৱাৰ পাছত পূৰ্বপুৰুষৰ আশীৰ্বাদ বিচাৰি তৃতীয়বাৰৰ বাবে তেওঁ মে-ডাম-মে-ফিপূজা উৎসৱ পালন কৰিছিল।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্ব কালত হাজো আৰু কানত সংঘটিত হোৱা যুদ্ধত বহু লোকৰ প্রাণহানি হৈছিল। মৃত ভায়েক ছুৰামফা ভগাৰজাৰ নামত পূজা-অৰ্চনা নকৰাৰ ফলতে তেনেকুৱা হৈছিল বুলি সন্দেহ কৰি তেওঁ তেতিয়া মে-ডাম-মে-ফি পূজা উৎসৱ পালন কৰিছিল। স্বৰ্গদেউ লক্ষ্মী সিংহৰ শাসন কালত এদিন হঠাৎ ৰাজদৰবাৰৰ বীম এটা খহি পৰাত জ্যোতিষীসকলে তেওঁক মে-ডাম-মে-ফিমে ডাম-মে-ফি উৎসৱ পালন কৰাৰ বাবে পৰামৰ্শ দিছিল আৰু জ্যোতিষৰ সেই পৰামৰ্শ অনুসৰি লক্ষ্মী সিংহই মে-ডাম-মে-ফি উৎসৱ পালন কৰিছিল। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ভায়েক কমলেশ্বৰ সিংহৰ অন্তেষ্ঠিক্ৰিয়া চৰাইদেউৰ এজোপা নুনি গছৰ তলত সমাপন কৰি পুৰোহিতক সোণ ৰূপ দান কৰাৰ লগতে মে-ডাম-মে-ফি পূজা উৎসৱ পালন কৰিছিল। ইয়াৰপৰা দেখা যায় যে, আহোম স্বৰ্গদেউসকলে বিভিন্ন অৱসৰত যেনে- কোনো ভয়ংকৰ বিপদৰপৰা পৰিত্ৰাণ, যুদ্ধ জয় তথা দীর্ঘায়ু কামনা কৰি মে-ডাম-মে-ফি উৎসৱ পালন কৰিছিল।

মে-ডাম-মে-ফি পূজা উৎসৱত ৰাজহুৱাভাবে মে-ফি, চাং-ফি আৰু গৃহদাম তিনি গৰাকী দেৱতাৰ উদ্দেশ্যে নৈৱদ্য আগবঢ়োৱা হয়। দেৱতা ডাম চাঙ-ফি হল পৰিয়ালৰ ষষ্ঠৰপৰা চৈধ্য পুৰুষৰ দেৱতা। গৃহদান হ'ল পৰিয়ালৰ চতুৰ্থ পুৰুষৰ দেৱতা। বিশ্বাস অনুসৰি ডাম চাং- ফি হল সৃষ্টি আৰু ধ্বংসৰ দেৱতা। তেওঁ পানী, বিজুলি, ধুমুহা, চন্দ্ৰ, সূৰ্য আৰু ৰোগ-ব্যাধি নিয়ন্ত্ৰণ কৰে। আহোম পুৰোহিত দেউধাই আৰু বাইলুঙে টাই পুথি ফালুং আৰু বানফিত দিয়া বিধান অনুসৰি মন্ত্ৰ উচ্চাৰণ কৰি পূজা সমাপন কৰে। গৃহদাম দেৱতাৰ পূজা কাতি মাহত নতুন আহুধান চপোৱাৰ সময়ত, আঘোণ মাহত নতুন শালিধান চপোৱৰ সময়ত আৰু তিনি বিহুৰ সময়ত সমাপন কৰা হয় ৷

মে-ডাম-মে-ফি পূজা চাও ফি আৰু ডাম চাও ফি দেৱতাৰ উদ্দেশ্যে কৰা হয়। এই দুগৰাকী দেৱতাক স্বৰ্গৰ দেৱতা হিচাপে গণ্য কৰা হয়। এই দুগৰাকী দেৱতাক পূজা কৰাৰ দিনা চাং ফি আৰু গৃহদামৰ পূজা কৰা নহয় ৷ কিয়নো এই দুগৰাকী দেৱতাক মৰ্ত্তৰ দেৱতা হিচাপে গণ্য কৰা হয়।

আহোমসকলে বিশ্বাস অনুসৰি মৃত্যুৰ পাছত মানুহ পূৰ্বপুৰুষ হিচাপে মাথোন কেইদিনমানহে থাকে আৰু অতি সোনকালে দেৱতাৰ মৰ্যদা প্ৰাপ্ত হয়। মানুহৰ আত্মা হ'ল অবিনশ্বৰ আৰু পৰমাত্মাৰ সমষ্টি। গতিকে মৃত্যুৰ কিছুদিন পাছতে মৃতক পাৰমার্থিক শক্তি প্রাপ্ত হৈ পৰিয়ালৰ সদস্যক আশীর্বাদ দি থাকে। এজন মানুহৰ মৃত্যু হোৱাৰ পাছত পুৰ্বপুৰুষ হিচাপে তেওঁ মাথোন কেইদিন মানহে থাকে আৰু সোনকালে তেওঁ ফি অর্থাৎ দেৱতা হয়। তেওঁলোকে আৰু বিশ্বাস কৰে যে, মানুহৰ আত্মা হ'ল অমৰ আৰু সৰ্বপ্ৰধান আত্মাৰ লগত সংলগ্ন । তেওঁলোক পাৰমার্থিক আত্মাৰ গুণপ্রাপ্ত হয় আৰু পৰিয়ালক সদায় আশীৰ্বাদ প্ৰদান কৰি থাকে। সেয়ে আহোমসকলে পৰিয়ালৰ সদস্যৰ মৃত্যুৰ পাছত চৌকাৰ বিপৰীত দিশত দুটা খঁটা পোতে। ইয়াক ধামখুঁটা বুলি কোৱা হয়। এইদৰে ধামখুঁটা পুতি আহোমসকলে ঘৰত তৈয়াৰী মদ, মাহ-প্রসাদ, চাউল, মাছ, মঙহৰ লগতে বিভিন্ন উপকৰণেৰে মৃতকৰ পূজা কৰে ।

মে-ডাম-মে-ফিত মাথোন দস্তুৰ আৰু ৰীতি-নীতিৰে প্ৰতিফলন নহয়, এই পূজা উৎসৱে পাৰষ্পাৰিক একতা, ভ্রাতৃত্ববোধ আৰু নতুন পুৰুষৰ লগত বুজা-পৰাৰ মনোভাৱ বৃদ্ধি কৰে। অসম চৰকাৰে মে-ডাম-মে-ফি পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰে।**

বিঃদ্ৰঃ-কোনো তথ্য বিভ্ৰাট থাকিলে সদাশয় ব্যক্তিয়ে আঙুলিয়াই দিলে কৃতাৰ্থ হম।

                       সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)