ইছলামিক আদর্শ-১
ইছলামিক আদর্শ-১
কেনে আছিল ইছলাম
পূর্ব আৰব সমাজ?
বিশ্বনবী হজৰত মহম্মদ (ছাঃ) সৌৰবৰ্ষৰ হিচাপ অনুসৰি ৫৭০
খ্ৰীষ্টাব্দত মক্কানগৰীত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্মৰ সময়ত আৰবৰ অধিকাংশ মানুহ
মূৰ্ত্তিপূজাত বিশ্বাসী আছিল আৰু নানা ধৰণৰ কু-সংস্কাৰত নিমজ্জিত হৈ আছিল। অৱশ্যে
মূৰ্ত্তিপূজাত বিশ্বাসী হ’লেও সিহঁতে নিজক
একেশ্বাৰবাদী হজৰত ইব্রাহীম(আঃ)ৰ বংশধৰ বুলি দাবী কৰিছিল। মূৰ্ত্তিপূজাৰ ক্ষেত্ৰত
সিহঁতে যুক্তি দৰ্শাইছিল যে, কোনো কোনো মানুহ আধ্যাত্মিক উন্নতি কৰি আল্লাহৰ
নৈকট্য লাভ কৰিবলৈ সক্ষম হয়। ফলত তেওঁলোকৰ প্ৰাৰ্থনা আল্লাহৰ দৰবাৰত নিশ্চিতভাবে গৃহীত হয়।
আল্লাহৰ সত্ত্বা যেহেতু উচ্চ মর্যদা সম্পন্ন সেয়ে সকলো মানুহৰ কাৰণে তেওঁৰ দৰবাৰত
উপস্থিত হোৱা সম্ভৱ নহয়। একমাত্র কামেল অর্থাৎ পূর্ণ মানবহে তেওঁৰ দৰবাৰত
উপস্থিত হ’বলৈ সক্ষম। সেয়ে
সাধাৰণ মানুহে কোনো উচিলা অর্থাৎ মাধ্যম অৱলম্বন কৰিহে আল্লাহৰ
সন্তুষ্টি আৰু সাহায্য লাভ কৰা সম্ভৱ। এই বিশ্বাসৰ আধাৰতে সিহঁত মূৰ্ত্তিপূজাত
বিশ্বাসী আছিল। সিহঁতৰ মতে হজৰত আদম(আঃ) আছিল অতীৱ পবিত্ৰ। সেয়ে তেওঁ আল্লাহৰ নৈকট্য
লাভ কৰিব পাৰিছিল। সেয়ে সিহঁত যিহেতু তেনেকুৱা মৰ্যদাৰ অধিকাৰী নাছিল, সেয়ে আল্লাহৰ অনুগ্রহ
লাভৰ বাবে সিহঁতে ডাঙৰ ডাঙৰ মানুহৰ সহায়ৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। এই
ধাৰণাৰ বশৱৰ্ত্তী হৈয়ে সিহঁতে মূৰ্ত্তিপূজাৰ জৰিয়তে আল্লাহৰ অনুগ্রহ লাভৰ
বাবে চেষ্টা কৰিছিল৷ এই ধৰ্মীয় বিশ্বাসৰ আধাৰতে সিহঁতে ডাঙৰ ডাঙৰ মানুহৰ মূৰ্ত্তি
নির্মাণ কৰি
মূৰ্ত্তিপূজাৰ জৰিয়তে আল্লাহৰ অনুগ্রহ লাভৰ বাবে চেষ্টা কৰিছিল।
এই বিশ্বাসৰ মাজত নানা প্রকাৰ ক্ষতিকাৰক ধাৰণা নিহিত হৈ
আছিল যদিও সেইফালে সিহঁতে গুৰুত্বাৰোপ কৰা নাছিল। কিয়নো সিহঁতে একেশ্বৰবাদী
ধাৰণা প্রদানকাৰী শিক্ষাদাতা পোৱা নাছিল। যেতিয়া কোনো জাতিৰ মাজত অন্ধবিশ্বাস, অপৰাধ প্ৰৱণতা গা
কৰি উঠে তেতিয়া অজ্ঞানতাৰ ফলত
সেয়া ক্রমান্বয়ে বৃদ্ধি পাই থাকে। আবসকলৰ ক্ষেতো সেয়াই ঘটিছিল। নবী(ছাঃ) জন্মৰ
সময়ত কা’বা শ্বৰীফৰ ভিতৰত ইতিহাসবিদসকলৰ
বৰ্ণনা অনুসৰি তিনিশ ষাঠিটা মূৰ্ত্তি আছিল ৷ অৰ্থাৎ চান্দ্ৰ মাহৰ হিচাপ অনুসৰি
প্ৰত্যেক দিনৰ কাৰণে এটাকৈ মূৰ্ত্তি আছিল। কা’বা শ্বৰীফৰ এইবোৰ মূৰ্ত্তিৰ বাহিৰেও ওচৰ-পাঁজৰৰ
এলেকাসমূহৰ লগতে ডাঙৰ ডাঙৰ চহৰ-বন্দৰ আৰু ডাঙৰ সত্ৰবিলাকৰ পৃথক পৃথক মূৰ্ত্তি আছিল। ক’বলৈ গ'লে আৰবৰ প্ৰতিটো
অঞ্চল মূৰ্ত্তিপূজাৰ পয়োভৰত আচ্ছন্ন হৈ আছিল।
মূর্তিপূজাৰ সমান্তৰালভাবে আৰবসকল কথন-ভংগীৰ চৰ্চা আৰু
উন্নতিৰ কাৰণে বিশেষভাবে মনযোগী আছিল৷ সিহঁতে সিহঁতৰ ভাষা, কথন-ভংগী সমৃদ্ধ
কৰাৰ কাৰণে চেষ্টা কৰিছিল। ইয়াৰ বাহিৰে সিহঁতৰ মাজত বেলেগ ধৰণৰ কোনো জ্ঞান আহৰণৰ
চেষ্টা নাছিল। ইতিহাস, ভূগোল, গণিত, দর্শন আদি বিষয়ৰ
কোনো এটাতে সিহঁতৰ আন্তৰিকতা নাছিল। কিন্তু সিহঁত জ্যোতিষ্ক বিদ্যাত পাৰদৰ্শী
আছিল। কিয়নো সিহঁতে মৰুভূমিত
ভ্ৰমণ কৰিব লগা হৈছিল। মৰুভূমিত কোনো ধৰণৰ মাইল ফলক অথবা দিক নির্ণয়ক চিহ্ন
নাছিল। সেয়ে মৰুভূমিত ভ্ৰমণ কৰাৰ সময়ত সিহঁতে জ্যোতিষ্ক বিজ্ঞানৰ সহায় ল’ব লগা হৈছিল।
চাৰিত্ৰিক বৈশিষ্ট্যৰ ফালৰপৰা সিহঁত আছিল এক পৰম্পৰ বিৰোধী বিশেষ গুণাৱলী বিশিষ্ট
জাতি। সিহঁতৰ মাজত বদঅভ্যাস আৰু মাৰাত্মক পাপকাৰ্য প্ৰচলিত আছিল। ইয়াৰ মাজতে
সিহঁত এনে কিছুমান পূণ্যৰ কাম কৰিছিল যিবোৰে সিহঁতৰ জীৱন ধাৰণৰ মানদণ্ড কিছু
পৰিমাণে উন্নত কৰি ৰাখিবলৈ সক্ষম হৈছিল।
আৰবসকল মদৰ প্ৰতি সাংঘাতিকভাবে আসক্ত আছিল। মদৰ নিচাত বেহুচ
হোৱা নাইবা মদ্যপান কৰি বলিয়ালি কৰা কাৰ্যক সিহঁতে দোষণীয় কার্য
বুলি গণ্য নকৰিছিল। সেইবোৰ প্ৰশংসনীয় কার্য হিচাপে বিবেচিত হৈছিল। বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়াক
যিমান অধিক সম্ভৱ
মদ্যপান কৰোৱাটো
সিহঁতৰ আভিজাত্যৰ পৰিচায়ক আছিল। যিয়ে যিমান অধিক মদ্যপান কৰাব পাৰিছিল সমাজত তাৰ
স্থান সিমান ওপৰত
আছিল। ধনী
ব্যক্তিৰ কাৰণে দিনত পাঁচবাৰ মদৰ আড্ডা আয়োজন কৰাটো গৌৰৱৰ কাম হিচাপে বিবেচিত
হৈছিল। এই মদৰ আড্ডা আছিল সিহঁতৰ জাতীয় ক্রীড়াৰ অন্তৰ্ভূক্ত। সিহঁতে
জুৱাও খেলিছিল। অৱশ্যে ধন-সম্পদৰ কাৰণে সিহঁতে জুৱা খেলা নাছিল। জুৱা খেলক সিহঁতে বদান্যতা আৰু
গৌৰৱৰ বিষয় হিচাপে চিহ্নিত কৰিছিল। জুৱাৰীসকলৰ মাজত অংগীকাৰ হৈছিল যে, যিজনে ধন জিকিব
সি তাৰ জিকা ধনৰ জৰিয়তে
বন্ধু-বান্ধৱ আৰু গোত্রীয় লোকক নিমন্ত্ৰণ কৰি খুৱাব লাগিব। যুদ্ধৰ সময়তো সিহঁতে
যুদ্ধৰ ব্যয় বহনৰ বাবে জুৱা খেলৰ জৰিয়তে টকা-পইচা সংগ্ৰহ কৰিছিল। যেতিয়া কোনো
যুদ্ধ সংঘটিত হৈছিল তেতিয়া আৰবসকলে নিজৰ দলৰ মাজত জুৱা খেলিছিল আৰু যিজনে জুৱাখেলত
টকা-পইচা জিকিছিল সি যুদ্ধৰ অধিকাংশ খৰচ বহন কৰিব লগা হৈছিল। প্ৰকৃতাৰ্থত
সুখ-স্বচ্ছন্দ আৰু শান্তিৰপৰা বঞ্চিত আৰবসকলে মদ আৰু জুৱাৰ জৰিয়তে সেইবোৰ অভাৱ পূৰণ
কৰিবলৈ চেষ্টা কৰিছিল।
আৰবসকল ব্যৱসায়ী আছিল আৰু সিহঁতে দল বান্ধি বহু দূৰ-দূৰণিৰ
দেশলৈ বেহা-বেপাৰ কৰিবলৈ গৈছিল। আবিচিনিয়াৰ লগত সিহঁতৰ ব্যৱসায়িক
সু-সম্পৰ্ক আছিল। চিৰিয়া আৰু ফিলিস্তানৰ লগতো সিহঁতৰ ব্যৱসায়িক সম্বন্ধ আছিল৷
ভাৰতবৰ্ষৰ লগতো সিহঁতে ব্যৱসায়িক সম্পর্ক গঢ়ি তুলিছিল। সিহঁতৰ ধনী ব্যক্তিসকলৰ
মাজত ভাৰতবৰ্ষত তৈয়াৰী তৰোৱালৰ বৰ সমাদৰ আছিল। য়েমেন আৰু চিৰিয়াৰপৰা সৰহভাগ কাপোৰ
আমদানি কৰিছিল। ব্যৱসায়-বাণিজ্যৰ একচেটিয়া অধিকাৰ আছিল নগৰত বাস কৰা লোকৰ হাতত।
অৱশিষ্ট আৰবসকল (য়েমেন আৰু
দক্ষিণৰ কিছু অঞ্চলৰ বাহিৰে) বেদুইন (অঘৰী) জীৱন যাপন কৰিছিল। বেদুইনসকল
চহৰ-বন্দৰত বাস নকৰিছিল আৰু সিহঁতৰ স্থায়ী কোনো ঘৰ-বাৰীও নাছিল। বেদুইনসকল
বিভিন্ন গোত্রত বিভক্ত আছিল আৰু গোত্ৰ অনুসৰি সিহঁতে এলেকাসমূহ ভগাই লৈছিল।
গোত্ৰসমূহে নিজৰ এলেকাৰ ভিতৰতহে চলা-ফুৰা কৰিব পাৰিছিল। পানীৰ খুব অভাৱ আছিল আৰু
এঠাইৰ পানী শেষ হৈ গ'লে পানী বিচাৰি
বেলেগ ঠাইলৈ গুচি গৈছিল। য’ত পানী পাইছিল ত’তেই তম্বু
তৰিছিল। ভেড়া, ছাগলী, উট, দুম্বা আছিল
সিহঁতৰ সম্পত্তি।
পালিত পশুৰ নোমেৰে
কাপোৰ আৰু ছালেৰে সিহঁতে তম্বু তৈয়াৰ কৰিছিল। পালিত পশুৰ মঙহ খাইছিল আৰু অন্যান্য
যাৱতীয় খৰচৰ কাৰণে বিক্ৰী কৰি
ধনো সংগ্ৰহ কৰিছিল। এইদৰেই সিহঁতে এক দুর্বিষহ জীৱন নিৰ্বাহ কৰিছিল।
সোণ-ৰূপৰ প্ৰতি আৰবসকলৰ আকৰ্ষণ আছিল যদিও সেইবোৰ সিহঁতৰ
কাৰণে দুষ্প্রাপ্য আছিল। ধনীসকলে কিছু সোণ-ৰূপৰ অলংকাৰ ব্যৱহাৰ কৰিছিল
যদিও সাধাৰণ আৰু দুখীয়াসকলে কড়ি (এক বিশেষ ধৰণৰ শামুক)ৰে অলংকাৰ তৈয়াৰ কৰি
পিন্ধিছিল। সিহঁতৰ সুগন্ধি আৰু প্ৰসাধনৰ প্ৰতিও আকর্ষণ আছিল। সেয়ে
সুগন্ধি থকা দ্ৰব্যৰে প্ৰসাধন সামগ্রী তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল। তৰমুজ আৰু
কোমোৰাৰ বীজেৰে ডিঙিৰ হাৰ
তৈয়াৰ কৰি পিন্ধিছিল। সৰ্বত্ৰ নাৰীজনিত ব্যভিচাৰ প্ৰচলিত আছিল। চুৰিকাৰ্য কম
পৰিমাণে সংঘটিত হৈছিল যদিও ডকাইতি সঘনে সংঘটিত হৈছিল। বেলেগৰ ধন বলেৰে
অপহৰণ কৰা কাৰ্যক সিহঁতে গোত্রীয় অধিকাৰ হিচাপে বিবেচনা কৰিছিল। কিন্তু কথা দি কথা ৰখাৰ
কাৰণে সিহঁতৰ সুনাম আছিল। কোনো দুর্বল ব্যক্তি যদি এজন ক্ষমতাশালী ব্যক্তিৰ ওচৰলৈ
আহি কৈছিল- ‘মই তোমাৰ বা তোমালোকৰ গোত্ৰৰ
আশ্রয় প্রার্থনা কৰিছো।'
তেতিয়া
আশ্রয়প্রার্থী ব্যক্তিক নিৰাপত্তা প্ৰদান কৰাটো সেইজন ব্যক্তি তথা গোত্ৰৰ কাৰণে অপৰিহাৰ্য আছিল।
যিজন ব্যক্তি বা গোত্রই আশ্রয়প্রার্থী ব্যক্তিক নিৰাপত্তা প্ৰদান কৰিবলৈ অস্বীকাৰ
কৰিছিল তেতিয়া সেইজন ব্যক্তি বা গোত্র সমগ্ৰ আৰবত হেয় প্রতিপন্ন হৈছিল।
কবিসকলৰ আৰবত খুবেই সন্মান আছিল। কিয়নো নেতাসকলৰ ভাষাৰ
ওপৰত দখল থকাটো জৰুৰী আছিল। সেয়ে নেতা হোৱাৰ কাৰণে কবি হোৱাটো
জৰুৰী আছিল। আৰবসকলৰ অতিথিপৰায়ণতা প্ৰশংশনীয় আছিল। যেতিয়া কোনো ব্যক্তি আন কোনো
ব্যক্তি বা গোত্ৰৰ ওচৰলৈ আহি
কৈছিল- ‘মই তোমালোকৰ
মেহমান হৈ আহিছো। তেনেহ'লে মেহমানৰ
খোৱা-লোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে লগে লগে ছাগলী, দুম্বা অথবা উট জবেহ কৰিছিল। আপ্যায়নৰ ক্ষেত্ৰত
মেহমানৰ সামাজিক স্থিতি অৰ্থাৎ ধনী দুখীয়াৰ কোনো প্রভেদ নকৰিছিল। কাৰণ মেহমান
অহাটো সিহঁতৰ কাৰণে সন্মান আৰু গৌৰৱৰ বিষয় আছিল। সেয়ে মেহমানক যথাযথ আপ্যায়ন
কৰি সিহঁতে নিজৰ সন্মান বৃদ্ধি কৰিছিল।
তেতিয়াৰ আৰব সমাজত নাৰীৰ কোনো ধৰণৰ অধিকাৰ নাছিল। কোনো
কোনো ক্ষেত্ৰত পিতৃৰদ্বাৰা নিজ কন্যাসন্তানক হত্যা কৰাটো সন্মানৰ বিষয়
হিচাপে বিবেচনা কৰা হৈছিল। ইতিহাসবিদসকলে এটা ভুল তথ্য সন্নিৱিষ্ট কৰিছে যে, সমগ্ৰ আৰবতেই
কন্যাসন্তান হত্যাৰ দৰে অমানৱীয় প্ৰথা প্ৰচলিত আছিল। কিন্তু ইয়াৰ কোনো
যুক্তি-যুক্ততা নাই। কিয়নো এনেকুৱা প্ৰথা প্রচলিত থাকিলে আৰবত কোনো বংশ জীয়াই থকা সম্ভৱ নহ'লহেঁতেন।
প্রকৃতাৰ্থত আৰব সমন্বিতে যিবোৰ দেশত এই প্রথা প্রচলিত আছিল তাত উচ্চবংশজাত বুলি
দাবী কৰা কোনো বংশৰ ছোৱালীক
বিয়া দি উলিয়াই দিয়াৰ কাৰণে উচ্চবংশজাত দৰা বিচাৰি নাপালে বাধ্য হৈ এই কাৰ্য
অৰ্থাৎ ছোৱালীক হত্যা কৰিছিল। এই প্ৰথা নিঃসন্দেহে নাৰীৰ প্রতি অত্যাচাৰ আছিল।
উপৰোক্ত কাৰণত আৰবসকলৰ কোনো কোনো গোত্ৰত ছোৱালীক জীৱন্তে কবৰ দিয়াৰ প্ৰথাও প্রচলিত
আছিল। কোনো গোত্ৰত আকৌ কন্যাসন্তানক ডিঙি চেপি হত্যা কৰা প্ৰথাও প্রচলিত আছিল।
অন্যান্য ধৰণেও কন্যাসন্তান হত্যা কৰা হৈছিল। আৰবসকলে নিজৰ মাতৃৰ বাহিৰে আন
কোনো নাৰীক মা বুলি স্বীকাৰ কৰাৰ প্ৰথা নাছিল। এনেকি বিমাতাকো মা বুলি স্বীকাৰ নকৰিছিল
৷ এনেকি পিতৃৰ মৃত্যু হ’লে পুতেকে
বিমাতাকো বিয়া কৰোৱাৰ দৰে ঘৃণনীয় প্ৰথাও প্রচলিত আছিল। সিহঁতে এই কার্যক দোষণীয় বুলি
গণ্য নকৰিছিল। বহু বিবাহ প্ৰচলিত আছিল। বিবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ সীমাৱদ্ধতা
নাছিল। একে মাতৃ-গৰ্ভৰ একাধিক ভগ্নীক একেজন ব্যক্তিয়ে বিবাহ কৰাব পাৰিছিল।
যুদ্ধৰ সময়ত আৰবসকলে পৰাজিত প্রতিপক্ষৰ ওপৰত সাংঘাতিক ধৰণে
নির্যাতন চলাইছিল। হিংসাৰ উন্মাদনাত সিহঁতে পৰাজিত মৃত ব্যক্তিৰ বুকু
ফালি হৃদপিণ্ড উলিয়াই চোবাইছিল, নাক কাটি পেলাইছিল আৰু চকু উভালি পেলাইছিল।
দাসপ্রথা এক সাধাৰণ প্ৰথা আছিল আৰবত। সিহঁতে ওচৰ-পাঁজৰৰ
গোত্ৰৰপৰা মানুহ ধৰি আনি গোলাম হিচাপে ব্যৱহাৰ কৰিছিল। গোলামৰ কোনো ধৰণৰ
অধিকাৰ নাছিল। মালিকসকলে গোলামক যি ইচ্ছা তাকেই কৰিব পাৰিছিল। এনেকি গোলামক হত্যা
কৰিলেও কোনো ধৰণৰ শাস্তি
প্রদানৰ বিধান নাছিল। বেলেগ মালিক গোলাম হত্যা কৰিলেও কোনো ঘোৰ শাস্তি প্ৰদানৰ
বিধান নাছিল। হত্যাকাৰীয়ে নিহত গোলামৰ মালিকক কিছু অর্থদণ্ড দিলেই
অপৰাধৰপৰা মুক্ত হৈছিল। দাসীসকলৰ লগত মালিকৰ যৌনাচাৰ বৈধ আছিল। দাসীৰ সন্তানক গোলাম
হিচাপে গণ্য কৰা হৈছিল।
জ্ঞান-বিজ্ঞান আৰু উন্নতিৰ অন্যান্য ক্ষেত্ৰতো আবসকল বহু
পিছপৰা আছিল। অৱশ্যে সিহঁত কিছু বীৰোচিত কাৰ্য আৰু মানবীয় গুণৰ অধিকাৰী আছিল
আৰৱসকল। কোনো ক্ষেত্ৰত সিহঁত ইমানেই আগবঢ়া আছিল যে, সম-সাময়িক পৃথিবীত অন্যান্য জাতিৰ মাজত সেইবোৰ বৈশিষ্ট্য নাছিল।
কিন্তু সিহঁতৰ সামগ্ৰিক জীৱন ধাৰণ প্ৰণালী খুবেই জঘন্য আছিল। আৰবৰ ঠিক এনেকুৱা
পৰিস্থিতিতে বিশ্বনবী হজৰত মহম্মদ (ছাঃ) শান্তিৰ বাণী প্ৰচাৰ কৰিবলৈ আৰব
ভূমিত অৱতীৰ্ণ হৈছিল। বিশ্বনবী (ছাঃ)ৰ আৱিৰ্ভাৱৰ পাছত মাথোন আৰবতে নহয় সমগ্র বিশ্বতে নৱজাগৰণৰ
সূচনা হৈছিল।
প্রকাশ- অগ্রদূত ২৫ অক্তোবৰ/ ১৩
ইছলামৰ
প্ৰাচীনত্ব সম্পৰ্কে ধৰাণা
ইছলাম আৰবী শব্দ। আৰবী ছেলমুন শব্দৰ পৰা ইছলাম শব্দৰ
উৎপত্তি হৈছে। ছেলমুন শব্দৰ ব্যুৎপত্তিগত অৰ্থ হ'ল- তোমালোকৰ ইচ্ছা আল্লাহৰ ওচৰত
সমৰ্পণ কৰা। সংক্ষেপে কোৱা যাব পাৰে, নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত সমৰ্পণ কৰাৰ জৰিয়তে
শন্তি অৰ্জন কৰা। (উল্লেখ কৰিব পাৰি যে, এই শান্তি অৰ্জন কৰা ধৰণাৰ আধাৰতে ইংৰাজসকলে
ইছলামৰ অৰ্থ শান্তি কৰিছে।) পবিত্র কোৰআন ও হাদীছৰ বহু ঠাইত ইছলাম শব্দৰ
উল্লেখ আছে। ছুৰা আল ইমৰাণৰ ২০ নম্বৰ আয়াতত উল্লেখ আছে- বাস্তৱতে আল্লাহৰ ওচৰত
প্ৰকৃত ধৰ্মই হৈছে ইছলাম।
যিজনে নিজৰ সমগ্ৰ স্বাৰ্থক আল্লাহৰ ওচৰত সমৰ্পণ কৰে তেৱেঁই
হৈছে মুছলমান। কোৰআনৰ বিভিন্ন ঠাইত মুছলমান শব্দটো উল্লেখ আছে। ছুৰা আল
ইমৰাণৰ ৬৫ নম্বৰ আয়াতত উল্লেখ আছে- তোমালোক সাক্ষী থাকিবা, নিশ্চয় তোমালোক
মুছলমান। ইছলাম ধর্ম সম্পর্কে বহুতৰে মনত এটি ভুল ধাৰণা প্ৰচলিত হৈ আছে।
বহুতেই ভাবে যে, ইছলাম এটি নবীন
ধৰ্ম, যাৰ অভ্যুত্থান
হৈছে মাথোন চৈধ্যশ বছৰ আগত। হজৰত মহম্মদ (ছাঃ) ইচলাম ধৰ্মৰ প্ৰথম
প্রতিষ্ঠাতা। কিন্তু এই ধাৰণা সম্পৰ্ণৰূপে সঠিক নহয়৷
আল্লাহই পবিত্র কোৰআনত ঘোষণা কৰিছে মানুহৰ পৰিপূৰ্ণ আনুগত্য
মাথোন এজন সৃষ্টিকৰ্ত্তা প্ৰভুৰ কাৰণে নিৰ্দ্ধাৰিত। এয়া মানৱ জাতিৰ কাৰণে
আল্লাহৰ এনে এক নিৰ্দ্দেশনা যি সৃষ্টিলগ্নৰ পৰাই ধাৰাবাহিকভাবে প্রচলিত হৈ আহিছে।
হজৰত ইব্রাহীম(আঃ), হজৰত নূহ (আঃ), হজৰত
ছোলায়মান(আঃ), হজৰত দাউদ (আঃ), হজৰত ইছা(আঃ), হজৰত মুছা(আঃ)
আৰু অন্যান্য নবীসহ বিভিন্ন স্থানত বিভিন্নসময়ত বিভিন্ন নবীসকল আৱিৰ্ভাব হৈছিল।
তেওঁলোকে বিশ্বাস আৰু তৌহিদ অর্থাৎ আল্লাহৰ একত্বৰ কথা, ৰিচালাত (নবুৱতী)
আৰু আখেৰাত (পৰকাল)
সম্পর্কে সংবাদ পৰিৱেশন কৰিছিল। এইসকল প্ৰেৰিত পুৰুষ বেলেগ কোনো ধৰ্মৰ প্ৰতিষ্ঠাতা
নাছিল, আল্লাহৰ অতিকৈ পছন্দনীয় ধর্ম
ইছলামেই প্ৰচাৰ কৰিছিল তেওঁলোকে। তেওঁলোকৰ প্ৰত্যেকে তেওঁলোকৰ পূৰ্বসূৰীৰ বিশ্বাস
আৰু বাণীৰ পুনৰাবৃত্তিহে কৰিছিল মাথোন। পূর্বতে এইসকল নবীৰ আৱিৰ্ভাব হৈছিল
কাৰণেই হজৰত মহম্মদ (ছাঃ)ক শেষ নবী বুলি কোৱা হয়। প্রথম আৰু সৰ্বশেষ নবী বুলি উল্লেখ কৰা নহয়।
ইয়াৰপৰা এইটো প্রতীয়মান হয় যে, হজৰত মহম্মদ (ছাঃ)ৰ আবিৰ্ভাবৰ বহু পূৰ্বৰ পৰাই ইছলাম ধৰ্ম
প্ৰচলিত আছিল।
যিয়েই নহওঁক কিয়, হজৰত মহম্মদ (ছাঃ)এ আছিল মহান আল্লাহৰ সৰ্বশেষ
আৰু আটাইতকৈ প্রিয়নবী। আল্লাহই হজৰত মহম্মদ (ছাঃ)ৰ জৰিয়তে
ত্রুটিহীন, বিশুদ্ধ বিশ্বাসৰ
পুনৰাবৃত্তিহে কৰিছে মাথোন,
যিবোৰ তেওঁৰ
আগতেও অন্যান্য নবীসকলে প্ৰচাৰ কৰিছিল। সেই বিশুদ্ধ পবিত্র বাণীসমূহ মানুহৰ অজ্ঞতাৰ বাবে
যুগে যুগে কলুষিত আৰু ত্রুটিপূৰ্ণ হৈ পৰিছিল অৰ্থাৎ নিৰ্ভেজাল বিশ্বাসত ভেজাল আৰু
ভ্ৰান্ত কিছুমান ধাৰণা ও মতৰ সংমিশ্ৰণ হৈছিল। গতিকে মহান আল্লাহই সেইসমূহ ভ্ৰান্ত
ধাৰণা আৰু বিশ্বাস অপসাৰণ কৰি ইছলামৰ প্ৰকৃত ৰূপ আৰু সঠিক
নিৰ্দ্দেশনা মানৱ জাতিৰ সন্মুখত উপস্থাপনৰ কাৰণে সর্বশেষ নবী হজৰত মহম্মদ (ছাঃ)ক
প্ৰেৰণ কৰিছিল।
হজৰত মহম্মদ (ছাঃ)ৰ পাছত যিহেতু বেলেগ কোনো নবী আৱিৰ্ভাব
নহয়, গতিকে তেওঁৰ ওপৰত
মহান পবিত্র গ্রন্থ কোৰআন নাযেল কৰা হৈছে। কোৰআনত আছে চিৰস্থায়ী উপদেশ বাণী।
পবিত্র কোৰআনৰ উপদেশসমূহে সকলো ক্ষেত্রতে এক সম্পর্ণ ধর্মীয়, সামাজিক, অৰ্থনৈতিক আৰু
নৈতিক প্ৰথা ৰূপে মানুহৰ স্বাৰ্থ আৰু কৰ্মৰ সকলো ক্ষেত্ৰকে সামৰি লৈছে আৰু এই
নীতি-নিৰ্দ্দেশনাসমূহ সার্বজনীনভাবে পালন কৰাত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাই। কোৰআনৰ
প্ৰতিটো শব্দ পৰৱৰ্ত্তী কালৰ প্ৰতিটো মুহূৰ্তৰ কাৰণে হেদায়েতৰ উৎস হিচাপে বৰ্তি থাকিব
পৰাকৈ সংৰক্ষণ কৰা হৈছে। প্ৰতি গৰাকী নবীৰ প্ৰচাৰিত ধৰ্মই মহান আল্লাহৰ ইচ্ছাৰ ওপৰত
পৰিপূৰ্ণভাবে আত্মসমর্পিত আছিল আৰু ইয়াৰ বাবে এটিয়ে মাথোন আৰবী শব্দ ব্যৱহাৰ
কৰা হৈছে। সেই শব্দটোৱে হ’ল ইছলাম। হজৰত
ইব্রাহীম আৰু হজৰত ইছা (আঃ)ও মুছলমান আছিল। মহান আল্লাহ পাক ছুৰা আল ইমৰাণৰ
৫৩ নম্বৰ আয়াতত ঘোষণা কৰিছে- শেষত ইছা(আঃ) যেতিয়া সিহঁতৰ মাজত প্রচলিত কুফীৰৰ
বিষয়ে অৱগত হ’ল তেয়িা তেওঁ ক'লে-তোমোলোকৰ মাজৰ
পৰা কোনে আল্লাহৰ কাৰণে সাহায্যকাৰী হ’বা? তেতিয়া হাওৰীয়াসকলে ক’লে- আমালোকেই আল্লাহৰ সাহায্যকাৰী হ’ম। আমি আল্লাহৰ
ওপৰত ইমান আনিছো। সাক্ষী থাকক যে, নিশ্চয় আমি মুছলমান।
হজৰত ইব্রাহীম(আঃ) সম্পৰ্কে ছুৰা আল ইমৰাণৰ ৬৮ নম্বৰ আয়াতত
ঘোষণা কৰিছে যে, ইব্রাহীম ইহুদীও
নাছিল, খ্রীষ্টনো নাছিল
বৰং তেওঁ আছিল
আল্লাহৰ একনিষ্ঠ সেৱক, আত্মসমৰ্পণকাৰী
মুছলমান আৰু তেওঁ বহু ঈশ্বৰবাদীও নাছিল। উপৰোক্ত আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰে যে
ইছলাম মাথোন ১৪ শ বছৰ আগৰ ধৰ্ম নহয় বৰং মানৱ সৃষ্টিৰ লগ্নৰ পৰাই ইছলামৰ অভ্যুত্থান হৈছে।
দৈনিক অগ্রদূত, ১৮ মার্চ, ২০১১
ইছলামত প্ৰভু সম্পৰ্কীয়
ধাৰণা।
কুৰআন তৌহিদ একেশ্বৰবাদৰ ধাৰণা উপস্থাপন কৰিছে। সেয়ে
হিন্দু ও ইছলাম ধৰ্মৰ মাজত প্ৰভু তথা আল্লাহৰ ধাৰণা সম্পৰ্কীয় বক্তব্যৰ মাজত
অসাদৃশ্য দেখা যায়। সুমহান আল্লাহ সম্পর্কে আটাইতকৈ গ্রহণযোগ্য আৰু সংক্ষিপ্ত
পৰিচয় পবিত্র কুৰআনৰ ১১২ নং ছুৰা এখলাচত সন্নিৱিষ্ট কৰিছে। ছুৰা এখলাচৰ ১ আৰু ৪
নং আয়াতত উল্লেখ আছে- সেই জনাই আল্লাহ যিজনা এক আৰু একক। আল্লাহ চিৰন্তন আৰু স্বয়ং
সম্পৰ্ণ। আল্লাহ কাৰো মুখপেক্ষী নহয়। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁকো কোনেও
জন্ম দিয়া নাই। তেওঁৰ সমকক্ষ কোনো নাই। ইয়াত আচ্ ছামাদ আৰবী শব্দটোৰ অৰ্থ
হৈছে- চিৰন্তন অস্তিত্বৰ অধিকাৰী হোৱাৰ গুণ একমাত্র আল্লাহৰ কাৰণে প্রযোজ্য। আল্লাহৰ বাহিৰে
বিশ্বৰ অন্যান্য প্রাণীৰ অস্তিত্ব ক্ষণস্থায়ী আৰু চৰ্ত সাপেক্ষ। ইয়াৰ সমাৰ্ত হ’ল- আল্লাহ কোনো
ব্যক্তি বা বস্তুৰ ওপৰত নিৰ্ভৰশীল নহয়, বৰং মানুহ সহ অন্যান্য সকলো প্রাণী আৰু বস্তুই
আল্লাহৰ ওপৰত নিৰ্ভৰশীল।
ছুৰা এখলাচ হৈছে ধৰ্মতত্ত্বৰ কষ্টিপাথৰ। গ্রীক শব্দ থিল’জিৰ ভাঙনি এনে
ধৰণৰ- থিয় শব্দৰ অৰ্থ হ’ল প্ৰভু আৰু ল’জি শব্দৰ অৰ্থ হ’ল তত্ত্ব। অর্থাৎ
থিয়ল’জি শব্দৰ
সম্পূৰ্ণ অৰ্থ হ’ল প্ৰভুতত্ত্ব ৷
ছুৰা এখলাচ হ’ল ধর্মতত্ত্বৰ
কষ্টিপাথৰ। কষ্টিপাথৰৰ জৰিয়তে সোণৰ বিশুদ্ধতা আৰু ভেজাল প্ৰমাণ
কৰিবপৰা যায়। পক্ষান্তৰে ছুৰা এখলাচৰ জৰিয়তে উপাস্য প্ৰভুৰ বিশুদ্ধতা আৰু ভেজাল
প্ৰমাণ কৰিবপৰা যায়। কাৰণ ছুৰা এখলাচত সন্নিৱিষ্ট কৰা হৈছে এগৰাকী প্ৰকৃত
প্ৰভুৰ গুণাৱলী। ছুৰা এখলাচত সংক্ষিপ্তভাবে মহান আল্লাহৰ প্ৰকৃত পৰিচয় দাঙি ধৰা
হৈছে। যদি কোনোবাই
সর্বশক্তিমান আল্লাহৰ প্ৰতি আনুগত্য আৰু বিশ্বাস প্ৰদৰ্শনৰ দাবী কৰে তেনেহ’লৈ তেওঁ ছুৰা
এখলাচৰ লগত একাত্মতা হোৱাৰ কথা ঘোষণা কৰিব লাগিব অর্থাৎ আল্লাহৰ
একত্বৰ কথা বিশ্বাস কৰাৰ লগতে আল্লাহ যে চিন্তন, সর্বশক্তিমান আৰু কাৰো মুখাপেক্ষী নহয় এই কথাৰ
প্ৰতি সৰ্বান্তকৰণেৰে বিশ্বাস কৰাৰ লগতে স্বীকাৰো কৰিব লাগিব। ছুৰা এখলাচৰ জৰিয়তে
প্রকৃত প্ৰভু আৰু ভিত্তিহীন প্ৰভুৰ মাজত থকা পার্থক্য অনুধাৱন কৰিব লাগিব। বিশ্বৰ
মানুহে যিবিলাক উপাস্যৰ উপাসনা কৰে, সেই বিলাক উপাস্যৰ যদি ছুৰা এখলাচত বৰ্ণিত গুণাৱলী থাকে
তেনেহ'লে সেইজনা উপাস্য
প্রকৃত উপাস্য আৰু ছুৰা এখলাচত বৰ্ণিত গুণাৱলী যিজন উপাস্যৰ নাই, তেনেহ'লে সেইজন ভিত্তিহীন
উপাস্য। তেওঁৰ উপাসনা কৰাৰ কোনো যুক্তিযুক্ততা নাই।
পবিত্ৰ কুৰআনৰ ছুৰা বনি ইস্রাইলত বর্ণিত ১১১ নং আয়াতত
উল্লেখ আছে- তোমালোকে (মোৰ প্ৰভু) আল্লাহক আল্লাহ নামেৰে আহ্বান কৰা নাইবা ৰহমান
(দয়ালু) নামেৰে আহ্বান কৰা নাইবা যি নামেৰেই আহ্বান কৰা (একেই কথা), কিয়নো তেওঁৰ
যিমান বিলাক নাম আছে সকলোবোৰেই অতি উৎকৃষ্ট।
গুণাৱলীৰ লগত সম্পর্কিত আল্লাহৰ নিৰানব্বৈটা উৎকৃষ্ট নাম
আছে। ইয়াৰ প্ৰতিটো নামেই মহান আল্লাহৰ মহান গুণাৱলী প্ৰকাশ কৰিছে। এই
নিৰানব্বৈটা নামৰ যিকোনো নামেৰেই আহ্বান কৰিব পাৰি সুমহান আল্লাহক। এই নিৰানব্বৈটা
নামৰ যিকোনো নামেৰে আহ্বান কৰিলে মহান আল্লাহৰ গুণাৱলীৰ স্বৰূপ মানসপটত
উদ্ভাসিত হয়। অৱশ্যে এই নিৰানব্বৈটা নামৰ মাজত এটা হিৰন্ময় অর্থাৎ সোণৰ দৰে উজ্জ্বল আৰু সেই
মহান নামটোৱে হৈছে ‘আল্লাহ’। ছুৰা আৰাকৰ ১৮১
নং আয়াতত আছে- আৰু সকলো উৎকৃষ্ট নামসমূহৰ যোগ্য হৈছে আল্লাহ। সেয়ে
সেইসমূহ নাম স্মৰণত ৰাখি তেওঁক(আল্লাহক) আহ্বান কৰিবা। আৰু যিসকলে তেওঁৰ নামসমূহলৈ
বিকৃত মনোভাব পোষণ কৰে সিহঁতৰ সংগ ত্যাগ কৰা। যি কাৰ্য সিহঁতে কৰিছিল অদূৰ ভৱিষ্যতে সেই কাৰ্যৰ
বাবে সিহঁতক (উচিত) প্রতিফল প্রদান কৰা হ’ব।
ছুৰা তাহাৰ ৮ নম্বৰ আয়াতত আছে তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন
কোনো উপাস্য নাই। ছুৰা আল হাচৰৰ ২৩ আৰু ২৪ নম্বৰ আয়াতত আল্লাহৰ
গুণাৱলীৰ কথা উল্লেখ আছে। ২৩ নম্বৰ আয়াতত আছে- সেইজনাই আল্লাহ, আন কোনো উপাস্য
নাই সেইজনাৰ বাহিৰে। তেৱেঁই অধিপতি,
তেৱেঁই পবিত্ৰ, তেৱেঁই নিৰাপত্তা
বিধায়ক, তেৱেঁই ৰক্ষক, তেৱেঁই পৰাক্ৰমী, তেৱেঁই প্রবল, তেৱেঁই অতি
মহিমান্বিত। আল্লাহ হৈছে পবিত্ৰ, তেওঁৰ সৈতে
সমকক্ষ কৰাসকলৰ বহু ওপৰত। ২৪ নম্বৰ আয়াতত উল্লেখ আছে- তেৱেঁই আল্লাহ, সৃষ্টিকৰ্ত্তা, উদ্ভাৱন কৰ্ত্তা, ৰূপদাতা, তেওঁৰেই সকলো
উৎকৃষ্ট নাম। আকাশমণ্ডলী আৰু পৃথিবীত থকা সকলো বস্তুই তেওঁৰ পবিত্ৰতা আৰু মহিমা
ঘোষণা কৰে। আৰু তেওঁ পৰাক্ৰমী আৰু প্ৰজ্ঞাময়।
ইংৰাজসকলে মহান স্রষ্টা প্ৰভুক আহ্বান কৰিবলৈ গ'ড শব্দ ব্যৱহাৰ
কৰে। পক্ষান্তৰে মুছলমানসকলে মহান স্রষ্টা প্রভুক আল্লাহ নামেৰে আহ্বান কৰে।
ইছলামিক চিন্তাবিদ জাকি নায়েক আল্লাহ আৰু গ’ড সম্পর্কে এক গুৰুত্বপূৰ্ণ বিশ্লেষণ
আগবঢ়াইছে। তেওঁ কৈছে-গ’ডৰ পাছত এচ যোগ দিলে বহু
বচন গ’ডচ হয়।
পক্ষান্তৰে আল্লাহ শব্দ হ’ল খাঁটি একক আৰু
স্বতন্ত্র। গ’ড শব্দৰ পাছত ডেচ
যোগ দি লিংগও পৰিৱৰ্ত্তন কৰিবপৰা যায়; কিন্তু আল্লাহৰ কোনো পুৰুষ বা স্ত্রীবাচক শব্দ
নাই। আল্লাহ হ’ল এটি স্বতন্ত্র
শব্দ। ইয়াদ্বাৰা মানসপটত কোনো বস্তু বা দৃশ্য অংকন কৰিবপৰা
নাযায়। মুছলমানসকলে সর্বশক্তিমান স্ৰষ্টাক বুজাবলৈহে মাথোন আল্লাহ শব্দ ব্যৱহাৰ
কৰে। আল্লাহ শব্দটো অধিক পছন্দনীয়ও মুছলমানসকলৰ কাৰণে। এনেকি আল্লাহ
শব্দৰ ব্যৱহাৰ হিন্দু শস্ত্ৰসমূহতো দেখা যায়। যেনে- ঋগবেদৰ ২ নম্বৰ গ্ৰন্থৰ
স্তুতিস্তৱক- ১ আৰু ধাৰা- ১১, উক্ত বেদৰ ৩
নম্বৰ গ্ৰন্থৰ স্তুতিস্তৱক- ৩০ আৰু ধাৰা- ১০, ৯ নম্বৰ গ্ৰন্থৰ স্তুতিস্তৱক- ৩৭ আৰু ধাৰা- ৩০
ত আল্লাহ শব্দৰ উল্লখ আছে। এনেকি হিন্দু ধর্মশাস্ত্ৰত আলো উপনিষদ নামৰ উপনিষদ এখনো আছে।
ইয়াৰপৰা এইটো স্পষ্ট যে,
আল্লাহ শব্দৰ
ব্যৱহাৰ মাথোন মুছলিম ধর্মশাস্ত্ৰতে সীমাৱদ্ধ নহয়, বেলেগ ধর্মশাস্ত্রতো পবিত্র, বিশ্বৰ সবাতোকৈ
উৎকৃষ্ট আল্লাহ শব্দৰ ব্যৱহাৰ বা উল্লেখ আছে।
দৈনিক অগ্রদূত, ২২ এপ্রিল, ২০১১
ইছলামৰ দৃষ্টিত
মাতৃৰ স্থান
মাতৃক সন্মান প্ৰদৰ্শন কৰাৰ নিয়ম প্রত্যেক ধৰ্ম আৰু
জাতিগোষ্ঠীৰ মাজত প্ৰচলিত আছে যদিও ইছলাম মাতৃজাতিক অধিক সন্মান প্রদর্শন কৰাৰ কাৰণে
নিৰ্দ্দেশ দিছে। পবিত্র কোৰআনৰ বহু আয়াতত তৃক সন্মান প্ৰদৰ্শনৰ কৰাৰ কাৰণে
স্পষ্টভাবে ঘোষণা কৰিছে ইছলাম । পবিত্র কোৰআনত কৈছে- তোমালোকে আল্লাহৰ বাহিৰে কাৰো
উপাসনা নকৰিবা আৰু পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা। যদি তোমাৰ সন্মুখত তেওঁলোকৰ কোনো
এজন অথবা দুজনেই বৃদ্ধাৱস্থাত উপনীত হয় তেনেহ'লে তোমাৰ কথাৰদ্বাৰা তেওঁলোকক দুখ নিদিবা আৰু
তিৰস্কাৰ নকৰিবা। বৰং তেওঁলোকৰ লগত সন্মাসূচক ব্যৱহাৰ কৰিবা। তেওঁলোকৰ প্ৰতি বিনয় আৰু
নম্ৰতা সহকাৰে শ্ৰদ্ধাৰ বাহু প্ৰসাৰিত কৰিবা- হে প্রভু ! তেওঁলোকৰ
প্ৰতি সদয় হোৱা যিদৰে তেওঁলোকে শিশুকালত দয়া সহকাৰে আমাক প্ৰতিপালন কৰিছে।
এদিনাখন এজন মানুহে হজৰত মহম্মদ(ছাঃ)ক সুধিছিল- সন্তানৰ
ওচৰত পিতৃ-মাতৃৰ প্ৰাপ্য কি? তেতিয়া হজৰত মহম্মদ (ছাঃ)এ উত্তৰত কৈছিল-
পিতৃ-মাতৃ তোমাৰ কাৰণে বেহেস্ত আৰু দোযখ। অর্থাৎ পিতৃ-মাতৃক সন্তুষ্ট ৰাখিব পাৰিলে
বেহেস্তলৈ যাব পাৰিবা। পক্ষান্তৰে তেওঁলোকক শাৰীৰিক আৰু মানসিক কষ্ট
দিলে তোমাৰ কাৰণে দোযখ নিৰ্দ্ধাৰিত কৰা আছে। নবী(ছাঃ)এ আৰু কৈছে- আল্লাহই অনুগ্রহপূর্বক
বান্দাৰ গুণাসমূহ ক্ষমা কৰি দিয়ে; কিন্তু পিতৃ-মাতৃৰ লগত অসৎ আচৰণ কৰিলে সেই
গুণাহ কেতিয়াও ক্ষমা নকৰে,
বৰং অসৎ সন্তানৰ পাপৰ ফল
জীৱনকালতে দেখুৱাই দিয়ে। আন এটি হাদিছত আছে- এবাৰ এগৰাকী মানুহে নবী(ছাঃ)ক
সুধিছিল- মই কাৰ লগত ভাল ব্যৱহাৰ কৰিম? উত্তৰত নবী(ছাঃ)এ ক’লে- তোমাৰ মাতৃৰ
লগত। ইয়াৰ পাছত মানুহগৰাকীয়ে সুধিলে- তাৰ পাছত? নবী(ছাঃ)এ আগৰ দৰেই উত্তৰ দিলে-
তোমাৰ মাতৃৰ লগত। মানুহগৰাকীয়ে পুনৰ সুধিলে- তাৰ পাছত? নবী(ছাঃ)এ ক’লে- তোমাৰ পিতৃৰ
লগত, তাৰ পাছত তোমাৰ নিকট
আত্মীয়ৰ লগত। এই হাদিছ অনুসৰি মাতৃৰ স্থান পিতৃতকৈও তিনিগুণ উৰ্দ্ধত থকা বুলি
প্ৰমাণিত হৈছে। ইয়াৰ কাৰণ হ'ল, এগৰাকী পিতৃতকৈ
মাতৃয়ে তিনিগুণ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সন্তানক লালন-পালন কৰে। পিতৃয়ে
সন্তান তথা পৰিয়ালৰ ভৰণ-পোষণৰ কাৰণে বাহিৰত ব্যস্ত থাকিব লগা হোৱাত সন্তানৰ
প্ৰতি যত্ন লোৱাৰ বাবে বিশেষ অৱসৰ নাপায়; কিন্তু মাতৃয়ে সন্তান জন্ম দিয়াৰ পৰা প্রতিপালনলৈকে
সকলো কাম কৰিব লগা হয়। দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰি নিজৰ তেজ-মঙহ খুৱাই সন্তান
প্রতিপালন কৰে আৰু মৃত্যুৰ লগত যুঁজি সন্তান ভূমিষ্ঠ কৰে। এনেকি জন্মৰ পাছতো দুই তিনি বছৰলৈকে
নিজৰ তেজ খুৱাই সন্তান প্রতিপালন কৰে। সন্তানে বিছনাত প্ৰস্ৰাৱ কৰিলে
নিজে তিতা বিছনাত থাকি সন্তানক শুকান বিছনাত ৰাখে, সন্তানৰ অসুখ-বিসুখ হ’লে উজাগৰী নিশা
কটাই আলপৈচান ধৰে।
কোৰআনতো এইসমূহ কষ্ট আৰু ত্যাগ স্বীকাৰৰ সুষ্পষ্ট ইংগিত
আছে। যেনে কোৰআনত উল্লেখ আছে- মই মানুহক তাৰ পিতৃ-মাতৃৰ উপকাৰ আৰু কল্যাণ
সাধনৰ কাৰণে উপদেশ দিও, তাৰ মাতৃয়ে তাক
গৰ্ভত ধাৰণ ও প্ৰস্ৰৱ কৰাৰ সময়ত নানা দুখ-কষ্ট সহ্য কৰিছে, জন্মৰ পাছত দুবছৰলৈকে
পিয়াহ খুৱাইছে। তুমি মোৰ প্ৰতি ও তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা, মোৰ ওচৰলৈ
প্ৰত্যাৱৰ্ত্তন কৰা।
ইছলাম মাতৃজাতিক কিমানখিনি সন্মান প্রদর্শন কৰিছে তাৰ
প্ৰমাণ তলত দিয়া হাদিছসমূহৰপৰাও উপলব্ধি কৰিব পৰা যায়। এদিন এগৰাকী মানুহ
নবী(ছাঃ)ৰ ওচৰলৈ আহি ক'লে, ইয়া ৰাছুল্লাহ!
মই এটি বৰ ডাঙৰ পাপ কৰিছো- মোৰ তওবা আছে নেকি? নবী(ছাঃ)এ ক’লে-তোমাৰ মাতৃ
জীৱিত আছে নেকি? মানুহগৰাকীয়ে ক’লে-নাই। তেতিয়া
নবী(ছাঃ)এ ক’লে-তোমাৰ
মাহীয়েৰা জীৱিত আছে নেকি? মাহীয়েৰাৰ সেৱা কৰাগৈ।
ধর্মযুদ্ধ বহু সময়ত ফৰ্জ(অৱশ্যকৰণীয়) হয়। বিশেষকৈ ইছলামৰ
প্ৰাৰম্ভিক যুগত ধৰ্মযুদ্ধৰ প্ৰয়োজনীয়তাৰ বিষয়ে আটায়ে কম-বেছি পৰিমাণে আটায়ে
অৱগত। কিন্তু নবী(ছাঃ)এ ধর্মযুদ্ধতকৈ মাতৃৰ সেৱা-যত্নৰ ওপৰত অধিক গুৰুত্ব দিছিল৷
এবাৰ এগৰাকী মানুহ নবী(ছাঃ) ৰ ওচৰলৈ আহি ক'লে- ইয়া ৰাছুল্লাহ! মই জিহাদ (ধর্মযুদ্ধ) লৈ
যোৱাৰ বাবে আশা কৰিছো, এই বিষয়ে মই
আপোনাৰপৰা পৰামৰ্শ বিচাৰিছো। নবী(ছাঃ) এ ক’লে- তোমাৰ মাতৃ জীৱিত আছে নেকি? মানুহ গৰাকীয়ে উত্তৰত
ক'লে- হয়, আছে। নবী(ছাঃ) এ
ক'লে- তেনেহ'লে তুমি তোমাৰ
মাতৃৰ সেৱা কৰাগৈ। কিয়নো মাতৃৰ পদতলত অৰ্থাৎ সেৱাতেই সন্তানৰ বেহেস্ত। মাতৃক
ইমানখিনি সন্মান হয়তো ইছলামৰ বাহিৰে আন কোনো মতবাদ বা ধর্মীয় মতাদৰ্শই
প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই।
কোনো কোনো ক্ষেত্ৰত ইছলামে পুৰুষতকৈও অধিক মৰ্যদা প্ৰদান
কৰিছে নাৰীক । কাৰণ মানব জাতিৰ সম্প্ৰসাৰণ আৰু সংৰক্ষণৰ মহান দায়িত্ব অর্পণ
কৰা হৈছে নাৰীৰ ওপৰত। সুস্থ আৰু সঠিক প্রতিপালনৰ ওপৰতে নিৰ্ভৰ কৰে শিশুৰ ভৱিষ্যত।
আজিৰ শিশু কাইলৈৰ নাগৰিক। সেয়ে শিশুৰ প্ৰতিপালন সঠিক নহ'লে ভৱিষ্যত প্ৰজন্মৰ
ভৱিষ্যত অন্ধকাৰাচ্ছন্ন হোৱাটো তেনেই স্বাভাৱিক। মানব শিশু ভূমিষ্ঠ হোৱাৰ পাছৰেপৰা সকলো
প্ৰকাৰৰ ছাপ আৰু প্ৰতিচ্ছবি গ্ৰহণৰ বাবে সদায় তৎপৰ হৈ থাকে। শিশুৰ মনক এটি স্বচ্ছ
দাপোণৰ লগত তুলনা কৰিব পৰা যায়। শিশুৰ মনৰ পৰ্দাত যি ধৰণৰ প্ৰতিচ্ছবি
ও প্রতিবিম্ব প্রতিফলিত হয়, আজীৱন সেয়া মনৰ পৰ্দাত অংকিত হৈ থাকে। সেয়ে শিশুৰ মনৰ দৰ্পণ যদি
সৰ্বাংগসুন্দৰ প্ৰতিচ্ছবি আৰু প্ৰতিবিম্বৰে সজাই তুলিবপৰা যায়, তেনেহ'লে সেয়া চিৰদিনৰ
কাৰণে শিশুক সৌন্দর্যমণ্ডিত কৰি ৰাখিব। পক্ষান্তৰে দুৰ্ভাগ্যবশতঃ যদি কোনো
অনভিজ্ঞ অসাধু ও মূর্খ মানুহে শিশুৰ মনৰ দাপোণত বিশ্ৰী ধৰণৰ ছবি অংকন কৰে তেনেহ'লে সেইজন শিশুৰ মন
মানসিকতা চিৰদিনৰ কাৰণে বিশ্ৰী হৈ থাকিব। মাথোন সেই শিশুজনে নহয় সমগ্র সমাজ তথা
দেশৰ ওপৰতো তাৰ কু- প্ৰভাৱ পৰিব। সেয়ে শিশুৰ মনত স্বচ্ছ ধাৰণা, সুস্থ জীৱনবোধ
আৰু নৈতিক দৃষ্টিভংগী জগাই তোলাৰ কাৰণে যত্নপৰ হোৱাটো অতি জৰুৰী। এই ক্ষেত্ৰত
এগৰাকী মাতৃৰ দায়িত্ব অপৰিসীম। মাতৃসকলে যদি শিশুসকলক যথাযথ লালন-পালন কৰিবলৈ
ব্যর্থ হয়, তেনেহ'লে ভাবী মানবগোষ্ঠী যে
মাৰাত্মকভাবে ক্ষতিৰ সন্মুখীন হ’ব ইয়াত সন্দেহৰ কোনো অৱকাশ নাই।
সেয়ে মাতৃসকলে শিশুৰ চাৰিত্ৰিক সৌন্দর্য ও নৈতিক মূল্যবোধ
জগাই তোলাৰ কাৰণে অধিক মনোযোগী হোৱা উচিত। অন্যথা শিশুসকলৰ ভৱিষ্যত
অন্ধকাৰাচ্ছন্ন হোৱাটো তেনেই স্বাভাৱিক। কাৰণ শিশু অৱস্থাত যি শিক্ষা প্ৰদান কৰা
হয় সেয়া শিলৰ ৰেখাৰ দৰে শিশুৰ মনৰ দৰ্পণত অংকিত হৈ সহজাত প্রবৃত্তিত পৰিণত হয় আৰু সেই
প্রবৃত্তিয়ে উপযুক্ত বয়সত শিশুসকলক পৰিচালিত কৰে। সেয়ে ক’ব পৰা যায়, জাতীয় উন্নতিৰ দিক্দৰ্শন
শিশুকালত পোৱা শিক্ষা-দীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে। শিশুসকলক উপযুক্ত শিক্ষাৰে
শিক্ষিত কৰি তোলাৰ দায়িত্ব নিৰ্ভৰ কৰে মাতৃসকলৰ ওপৰত। সেয়ে নাৰীসকলক যথাযথ
ব্যৱহাৰিক ও ধর্মীয় শিক্ষাৰে শিক্ষিতা কৰি তোলটো অতি জৰুৰী। কাৰণ উপযুক্ত শিক্ষা-দীক্ষাইহে
এগৰাকী উপযুক্ত মাতৃ সৃষ্টি কৰিব পাৰে।
(দৈনিক
অগ্রদূত-২৪-০৯-২০১০)
অজুৰ আত্মিক আৰু
চিকিৎসাগত উপকাৰিতা
ইছলামে আত্মিক পবিত্ৰতাৰ লগতে শৰীৰ আৰু পোছাক-পৰিচ্ছদৰ
পবিত্ৰতাৰ শিক্ষাও দিছে। ইছলামৰ পবিত্ৰতাৰ শিক্ষা বিজ্ঞানৰ পবিত্ৰতাৰ শিক্ষাতকৈ
উৎকৃষ্ট আৰু উন্নততৰ বুলি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰদ্বাৰা প্ৰমাণিত হৈছে। ইছলাম
নামজৰ পূৰ্বে অজু কৰাৰ নিৰ্দ্দেশ দিছে।অজু আত্মিক ও দৈহিক উপকাৰিতাৰ সহায়ক। ফলত
অজুক আত্মিক ইবাদতৰ মৰ্যদা প্ৰদান কৰা হৈছে। ছহীহ মুছলিম শ্বৰিফত বর্ণিত আছে, হজৰত
মহম্মদ(ছাঃ)এ কৈছে- মুমিনৰ অলংকাৰ কিয়ামত(শেষ বিচাৰ)ৰ দিনা সিমানলৈকে সুশোভিত হ’ব, যিমানলৈকে অজুৰ
পানী শৰীৰত প্রবাহিত হ'ব।
হজৰত ওচমান ইবনে আৰফান(ৰাঃ)ৰ পৰা বর্ণিত আছে- যিগৰাকী
ব্যক্তিয়ে অজু কৰিলে আৰু সুন্দৰভাবে কৰিলে, তাৰ পাপ দেহৰপৰা বাহিৰ হৈ যায়, এনেকি অজুকাৰীৰ
পাপবোৰ নখৰ তলৰপৰা বাহিৰ হৈ গৈ থাকে।
হজৰত ওচমান(ৰাঃ)ৰপৰা বর্ণিত আছে যে, হজৰত
মহম্মদ(ছাঃ)এ কৈছে- যিজনে পূৰ্ণ অজু কৰে তাৰ পূৰ্বৰ সকলো পাপ আল্লাহ তায়ালা ক্ষমা
কৰি দিয়ে। (মায মাউয যাওয়ায়েদ)
হজৰত আবু উমামৰপৰা বর্ণিত আছে যে, হজৰত
মহম্মদ(ছাঃ)এ কৈছে- যিগৰাকী ব্যক্তি অজু কৰাৰ কাৰণে উঠে, তাৰ পাছত দুহাত কব্জিলৈকে ধৌত
কৰে, তেতিয়া তাৰ হাতৰ
পাপ প্রথম পানীৰ ফোটাৰ লগতে সৰি পৰে, তাৰ পাছত যেতিয়া কুলকুলিয়া কৰে, নাকত পানী দিয়ে আৰু
নাসাৰন্ধ্ৰ পৰিষ্কাৰ কৰে,
তেতিয়া তাৰ জিভা
আৰু গাঁঠিবোৰৰ পাপ প্রথম পানীৰ ফোটাৰ লগত সৰি পৰে। তাৰ পাছত যেতিয়া মুখমণ্ডল ধৌত কৰে, তেতিয়া সি
পাপবোৰৰপৰা এনেকৈ পবিত্ৰ হৈ যায় যেন আজিয়ে মাতৃ-গৰ্ভৰপৰা জন্ম ল’লে। তাৰ পাছত
যেতিয়া নামাজৰ কাৰণে দণ্ডায়মান হয় তেতিয়া আল্লাহ তাৰ নামাজৰ মৰ্যদা বৃদ্ধি কৰি
দিয়ে। যদি সি বহিও থাকে তেতিয়া তেওঁ পাপৰ পৰা মুক্ত হৈ বহি থাকে।
(মুছনাদে আহম্মদ)।
অজুৰ আত্মিক উপকাৰিতাৰ লগতে অসংখ্য বৈজ্ঞানিক আৰু চিকিৎসাগত
উপকাৰ্তিাও নিহিত হৈ আছে। অজু কৰাৰ কাৰণে কব্জিলৈকে হাত ধৌত কৰা, নাসান্ধ্ৰত পানী
প্রবেশ কৰোৱা. মুখমণ্ডল ধৌত কৰা, কুলকুলিয়া কৰা, দাঢ়ি খেলাল কৰা, কিলাকুটিলৈকে হাত ধৌত কৰা, কাণ ডিঙি মচেহ
(মচা) কৰাকে আদি কৰি ভৰি পখালি ধৌত কৰিব লাগে। এই অংগসমূহ ধৌত আৰু মচেহ কৰিবলৈ
প্ৰদান কৰা নিৰ্দ্দেশৰ মাজত বহুতো বৈজ্ঞানিক আৰু চিকিৎসাগত উপকাৰিতা
নিহিত হৈ আছে। আমাৰ হাত মুকলি হৈ থকাৰ কাৰণে আমি প্রত্যেক দিন হাতেৰে বিভিন্ন বস্তু
স্পৰ্শ কৰো। আমি স্পৰ্শ কৰা বস্তুসমূহত বিভিন্ন বীজাণু আৰু ৰাসায়নিক দ্রব্য নিহিত
হৈ থাকে। হাতেৰে বস্তুসমূহ স্পৰ্শ কৰাৰ ফলত আমাৰ হাতত বীজাণু আৰু কেমিকেলসমূহ লাগি ধৰি
হাত দুষিত কৰে। যদি হাত ধৌত নকৰাকৈ কুলকুলিয়া কৰা হয় নাইবা নাসাৰন্ধ্ৰত পানী
প্রবেশ কৰোৱা হয় তেনেহ'লে আমাৰ হাতত
লাগি থকা বীজাণু বা কেমিকেলসমুহ আমাৰ মুখ আৰু নাকৰ মাধ্যমত অতি সহজেই
দেহাভ্যন্তৰত প্ৰবেশ কৰি জটিল ব্যাধি সৃষ্টি কৰিব পাৰে। যাৰ ফলত ইছলাম হাত ধৌত
কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে। হাত ধৌত কৰা সম্পৰ্কে আমেৰিকাৰ ডাক্তাৰ শাহে
আতাহাৰে কৈছে- হাস্পতালত যাতে ৰোগৰ বীজাণু বিয়পিব নোৱাৰে তাৰ বাবে হাত ধৌত কৰাৰ কাৰণে
বিশেষভাবে গুৰুত্ব দিয়া হয়। ১৪ শ বছৰ আগতেই যে কোৰআনত হাত ধৌত কৰাৰ প্ৰতি
গুৰুত্বাৰোপ কৰা হৈছিল এই কথা অমুছলিমসকলে নাজানে।
খাজা ছামছুদ্দিন আজমীয়ে লেখিছে- যেতিয়া অজু কৰা হয়
তেতিয়া হাতৰ আঙুলিৰ ফাঁকৰপৰা এক ধৰণৰ ৰশ্মি নিৰ্গত হৈ এক প্ৰকাৰৰ বৃত্ত তৈয়াৰ
কৰে। যাৰ ফলত দেহৰ আভ্যন্তৰীণ অন্ধকাৰ দূৰীকৰণৰ বাবে বৈদ্যুতিক শৃংখলাৰ শক্তি
বৃদ্ধি পায় আৰু বৈদ্যুতিক প্রবাহ এটা সীমা পর্যন্ত গৈ হাতৰ মাজত উজলি উঠে। ইয়াৰদ্বাৰা
হাতৰ সৌন্দর্য বৃদ্ধি পায়। সঠিক পদ্ধতিত অজু কৰাৰ ফলত আঙুলিৰ মাজত এক প্ৰকাৰৰ লাৱণ্য সৃষ্টি হয়, তাৰদ্বাৰা চৰিত্ৰ
সংশোধন কৰা সুপ্ত প্রতিভা বিকশিত হয়।
অজুৰ সময়ত তিনিবাৰ কুলকুলিয়া কৰা চুন্নত। ইয়াৰদ্বাৰা
মুখৰ সকলো প্ৰকাৰৰ পাপ মাফ হোৱাৰ লগতে চিকিৎসাগত উপকাৰো হয়। কুলকুলিয়া কৰাৰ
ফলত দাঁতৰ ফাঁকৰ মাজত সোমাই থকা খাদ্য- কণা ওলাই যায়। খাদ্য- কণা দাঁতৰ ফাঁকত
সোমাই থাকিলে সেইবোৰ পচি মুখৰপৰা দুর্গোন্ধ বিয়পায় আৰু দাঁত, মস্তিষ্ক আৰু
ডিঙিৰ ৰোগৰ কাৰণ হয়। তদুপৰি কুলকুলিয়া কৰিলে মুখ গহ্বৰ পৰিষ্কাৰ হয়, দাঁতৰ ৰোগৰপৰা হাত সাৰি
থাকিব পাৰে, হনু মজবুত হয়, দাঁতৰ উজ্জ্বলতা
বৃদ্ধি পায় আৰু টন্চিলৰ দৰে ৰোগৰপৰা হাত সাৰি থাকিবপৰা যায়।
নাসাৰন্ধ্ৰ পানীৰে পৰিষ্কাৰ কাৰও চুন্নত। অজু কৰাৰ সময়ত
নাসারন্ধ্ৰ তিনিবাৰ পানীৰে ধৌত কৰিব লাগে আৰু বাঁও হাতেৰে নাক পৰিষ্কাৰ কৰিব লাগে। নাক
পৰিষ্কাৰ কৰাৰ ফলত পবিত্রতা অৰ্জনৰ লগতে চিকিৎসাগত উপকাৰিতাও অর্জন হয়। নাক মানব
দেহৰ খুবেই গুৰুত্বপূৰ্ণ অংগ। নাকেৰে উশাহ-নিশাহ লোৱা হয়। নাকে ডিঙিৰ
স্বৰ নিয়ন্ত্ৰণ কৰি কথা-বতৰাক অন্তৰংগ আৰু শ্ৰৱণ মধুৰ কৰি তোলে। নাকৰ ছিদ্রক বন্ধ কৰি কথা ক’লে সেই কথা
অস্পষ্ট হৈ পৰে। নাকৰ মাজত থকা পদাসমূহে কথা-বতৰা শ্ৰৱণ মধুৰ কৰি তোলাৰ কাৰণে
বিশেষ ভূমিকা পালন কৰে। নাকে মস্তিষ্কৰ জ্যোতি কেন্দ্ৰীভূত কৰে। দেহৰ অভ্যন্তৰৰ বিভিন্ন অংগ
পৰিষ্কাৰ ৰখাৰ ক্ষেত্ৰত নাকৰ বিশেষ ভূমিকা আছে। নাকে হাওঁফাওঁৰ
বায়ু পৰিষ্কাৰ, গৰম আৰু যথাযথ
কৰি তোলে।
প্রতিদিনে প্রায় এশ ঘনফুট বায়ু নাকৰ মাজেৰে প্ৰতিজন
ব্যক্তিৰ দেহাভ্যন্তৰত প্ৰৱেশ কৰে। বায়ুৰ এই পৰিমাণে এটি ডাঙৰ কোঠালি ভৰাই পেলাব পাৰে।
হাওঁফাওঁৰ কাৰণে শতকৰা ৮০ ভাগ আৰ্দ্ৰ আৰু ৯০ ডিগ্রী ফাৰেণহাইট উষ্ণ বায়ুৰ
প্ৰয়োজন হয়। নাকে বায়ুক আর্দ্রতা প্ৰদানৰ কাৰণে প্ৰতিদিনে
চাৰিভাগৰ এভাগ গেলন আৰ্দ্ৰতা তৈয়াৰ কৰি থাকে। নাসাৰন্ধ্ৰৰ মাজত থকা নোমবোৰে বায়ু
পৰিষ্কাৰ আৰু অন্যান্য আৰু বহু জটিল কাম সম্পাদন কৰে। নাকৰ মাজত এটি খাদক
জাৰু আছে। এই জাৰুৰ মাজত অদৃশ্য শলাকা আছে। বায়ুৰ মাধ্যমত পাকস্থলীত প্রবেশ কৰা
ক্ষতিকৰ বীজাণুসমূহক এই শলাকাবোৰে ধ্বংস কৰি পেলায়। বীজাণুসমূহ মেচিনৰ দৰে ধৰাৰ
বাহিৰেও অদৃশ্য শলাকাবোৰত এক প্ৰতিৰোধী মাধ্যম আছে। যাক ইংৰাজীত
লিছুনিয়াম বুলি কোৱা হয়। এই প্ৰতিৰোধক মাধ্যমৰ জৰিয়তে নাকে চকুযুৰিকো
ইনফেশ্বনৰপৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও অজু কৰাৰ সময়ত যেতিয়া নাসাৰৰ্দ্ধত পানী প্ৰৱেশ কৰোৱা
হয় তেতিয়া পানীৰ মাজত উৎপন্ন হোৱা বৈদ্যুতিন ৰশ্মিয়ে অদৃশ্য
শলাকাৰ কাৰ্যকৰী শক্তি বৃদ্ধি কৰে। যাৰ ফলত মানুহ অসংখ্য ৰোগৰপৰা সুৰক্ষিত হৈ
থাকে।
অজু কৰাৰ সময়ত মুখমণ্ডল এবাৰ ধৌত কৰা ফৰজ আৰু তিনিবাৰ ধৌত
কৰা চুন্নত। মুখমণ্ডল ধৌত কৰাৰ মাজতো চিকিৎসাগত আৰু বৈজ্ঞানিক
উপকাৰিতা নিহিত হৈ আছে। মুখমণ্ডল ধৌত কৰাৰ ফলত অৱয়ৱত নম্ৰতা আৰু কমনীয়তাৰ সৃষ্টি
হয়। ধূলি-বালি, ময়লাৰ জৰিয়তে লোমকূপ
বন্ধ হৈ যায়। পানীৰে মুখমণ্ডল ধৌত কৰাৰ ফলত সেই বন্ধ লোমকূপ মুকলি হৈ যায়। ফলত
অবয়ৱ উজ্জ্বল আৰু আকর্ষণীয় হয়। মুখমণ্ডল ধৌত কৰাৰ সময়ত চকুৰ অভ্যন্তৰত পানী সোমায়। ফলত চকুৰ
শক্তিও বৃদ্ধি পায়। অজুকাৰীৰ চকু আকৰ্ষণীয় আৰু নিদ্ৰালু হৈ
উঠে। মুখমণ্ডলৰ ওপৰত তিনিবাৰ হাত ফুৰোৱাৰ ফলত চকু আৰু মস্তিষ্কৰ প্ৰশান্তি হয় ।
সম্প্রতি গাড়ী-মটৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ঘৰৰপৰা ওলালেই
বিভিন্ন ধৰণৰ বীজাণুৰ সংস্পৰ্শলৈ আহিব লগা হয়। বীজাণুসমূহে মানুহৰ হাত আৰু
মুখমণ্ডলৰ ওপৰত আক্ৰমণ কৰে। মুখমণ্ডলত আক্রমণ কৰাৰ পাছত নাক আৰু মুখৰ মাধ্যমেৰে
দেহত প্ৰবেশ কৰি বিভিন্ন ধৰণৰ জটিল ৰোগ সৃষ্টি কৰে। প্ৰতিদিনে কমপক্ষে
পাঁচবাৰ মুখমণ্ডল ধৌত কৰিলে মানুহ বহু ৰোগৰপৰা সুৰক্ষিত হৈ থাকিব পাৰে।
আধুনিক যুগত আটাইতকৈ ডাঙৰ সমস্যা হ’ল ময়লা আৰু
আৱৰ্জনা। শিল্পৰ উন্নতিৰ লগে লগে এই সমস্যা অধিক জটিল হৈ উঠিছে। কাৰখানাৰ
চিমনিপৰা ওলোৱা ধোঁৱা, গেছ আৰু গাড়ী
মটৰৰপৰা ওলোৱা ধোঁৱাই পৰিৱেশ দূষিত কৰি পেলাইছে। বায়ুৰ লগত কার্বন-ডাই- অক্সাইড আৰু
কার্বন মনো-অক্সাইডৰ লগত ছালফাৰ-ডাই-অক্সাইড মিহলি হৈ বায়ু প্রতি মুহূর্তে দূষিত
কৰি আছে। যদি এইবোৰ গেছ বায়ুৰ মাজত অধিক পৰিমাণে থাকে আৰু মানুহৰ ঘামৰ লগত
সংমিশ্ৰণ হয় তেনেহ'লে মুখমণ্ডলৰ
ওপৰত থকা ঘামৰ বিন্দু এই সমূহ গেছৰ লগত মিহলি হৈ বিভিন্ন ধৰণৰ গেছ যথা কাৰ্বন এচিড, ছালফিউৰিক এচিডলৈ
ৰূপান্তৰিত হৈ মানুহৰ ছাল ক্ষতিগ্রস্ত কৰে। মুখমণ্ডল নিয়মিতভাবে ধৌত কৰিলে
এলাৰ্জিৰপৰা হাতসাৰি থাকিবপৰা যায়।
অজুৰ জৰিয়তে মুখমণ্ডল ধৌত কৰাৰ ফলত বিভিন্ন ৰোগৰপৰা
সংৰক্ষিত হৈ থাকিবপৰা যায়। চকুৰ অসুখৰ সময়ত সেয়ে চিকিৎসকসকলে বাৰে বাৰে চকুত
পানী মাৰিবলৈ পৰামৰ্শ দিয়ে। হাকীম মহম্মদ তাৰিক মাহমুদ চাগতাই কয়- অজু কৰাৰ
সময়ত যিসমূহ অংগ ধৌত কৰাৰ কাৰণে পৰামৰ্শ দিয়া হৈছে, চিকিৎসা শাস্ত্ৰ
অনুসৰি সেইসমূহ অংগ আৰ্দ্ৰ হৈ থাকিলে চকুৰ বেমাৰৰপৰা হাত সাৰি থাকিব পৰা যায়। অজু কৰাৰ সময়ত বাৰে
বাৰে মুখমণ্ডল ধৌত কৰাৰ ফলত মুখমণ্ডলৰ সৌন্দর্য বৃদ্ধি পায়। ‘আমেৰিকান
কাউন্সিল ফৰ বিউটি'ৰ সদস্য লেডি বিচাৰে এক
আশ্চর্যজনক তথ্য আৱিষ্কাৰ কৰিছে। প্ৰসাধনৰ কাৰণে মুছলমানসকলে ৰাসায়নিক জাতীয়
কোনো দ্রব্য ব্যৱহাৰ কৰা প্ৰয়োজন নহয়, কিয়নো অজু কৰাৰ সময়ত মুখমণ্ডল ধৌত কৰাৰ ফলত
কে’বা প্ৰকাৰ
ৰোগৰপৰা সুৰক্ষিত হৈ থকাৰ লগতে মুছলমানসকলৰ ছালৰ সৌন্দর্য অটুট
থাকে।
অজুৰ সময়ত দাড়ি খেলাল (আঙুলিৰদ্বাৰা বিলি কাটি ধৌত কৰা)
কৰা চুন্নত। দাড়ি খেলাল কৰাৰ সময়ত দাড়িৰ গুৰি তিতি যায়, ফলত দাঁড়ি মজবুত আৰু
শক্ত হয়। দাড়ি খেলাল কৰাৰ ফলত সকলো প্ৰকাৰ বীজাণু আঁতৰ হয়। দাড়িৰ মাজত জমা হৈ
থকা পানীয়ে কণ্ঠদেশৰ শক্তি যোগায়। ফলত থাইৰয়েড গ্রন্থি আৰু
কণ্ঠদেশৰ সকলো প্ৰকাৰ ৰোগৰপৰা হাত সাৰি থাকিব পৰা যায়। অজুৰ সময়ত হাত
কিলাকুটিলৈকে এবাৰ ধৌত কৰা ফৰজ আৰু তিনিবাৰ ধৌত কৰা চুন্নত। বাহুৰ এই অংশত বিভিন্ন
প্ৰকাৰৰ ৰক্তনলী বা সিৰ আছে। দেহৰ এই অংশ বিভিন্ন প্ৰকাৰ ৰোগক চিহ্নিত কৰাৰ কাৰণে সাহায্যকাৰী।
ইয়াৰপৰা নাড়ীৰ গতি আৰু তেজৰ চাপ উপলব্ধি কৰিবপৰা যায়। সেয়ে এই অংশ ধৌত আৰু মালিচ
কৰিলে মানব দেহৰ ওপৰত ধনাত্মক প্ৰভাৱ পৰে। পানীৰে ধৌত কৰাৰ ফলত দেহৰ উত্তাপ হ্ৰাস কৰি
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
অজুৰ সময়ত এক চতুর্থাংশ মূৰ মচেহ কৰা ফজ আৰু সম্পূৰ্ণ মূৰ
মচেহ কৰা চুন্নত। মূৰ মচেহ কৰাৰ মাজতো বৈজ্ঞানিক উপকাৰিতা নিহিত হৈ আছে।
মানুহৰ মূৰৰ ওপৰৰ চুলিয়ে এণ্টেনাৰ দৰে কাম কৰে। সকলো অনুভূতি সম্পন্ন মানুহেই
জানে যে, মানুহৰ মূৰ হ’ল তথ্য সংগ্ৰহ আৰু
সংৰক্ষণৰ ভঁড়াল। মূৰৰ খোলাৰ অভ্যন্তৰত মগজু থাকে। মগজুৱে মানুহৰ সকলো কাৰ্য
নিয়ন্ত্ৰণ কৰে। ভোক লাগিলে খাদ্য গ্রহণ, পিয়াহ লাগিলে পানী পান আৰু বিশ্ৰামৰ প্ৰয়োজন
হ’লে মগজুৱে আমাক
বিশ্রাম গ্ৰহণৰ বাবে নিৰ্দ্দেশ দিয়ে। হর্ষ-বিষাদ, সন্তুষ্টি-অসন্তুষ্টি, খং ভয় আদি বাৰ্ত্তা
সংগ্ৰহ কৰি মূৰে আমাক প্ৰয়োজনীয় কাৰ্য কৰিবলৈ অনুপ্রাণিত কৰে। গতিকে মূৰৰ
পৰিচৰ্যা কৰাটো খুবেই জৰুৰী। মূৰ মচেহ কৰিলে মনৰ প্ৰশান্তি মিলে আৰু মগজু সুস্থ হৈ
থাকে।
কাণ মচেহ কৰা চুন্নত। কাণৰ ভিতৰ ফালৰ অংশ কনিষ্ঠ আঙুলিৰদ্বাৰা
আৰু বাহিৰ ফালৰ অংশ বৃদ্ধা আঙুলিৰদ্বাৰা মচেহ কৰিলে কাণৰ ময়লা আঁতৰ হয়।
ফলত শ্ৰৱণ শক্তিৰ ওপৰত অন্তৰংগ প্ৰভাৱ পৰে। সেয়ে যেতিয়া কাণ মচেহ কৰা হয়
তেতিয়া হৃদয়ৰ ওপৰত আনন্দৰ ছাপ পৰে।
অজু কৰাৰ সময়ত ডিঙি মচেহ কৰা মুস্তাহাব অর্থাৎ পছন্দনীয়।
ফজ, চুন্নত, মুস্তাহাব একেলগে
কৰিলে পূৰ্ণাংগ অজু হয়। ডিঙি মচেহ কৰাৰ মাজতো চিকিৎসাগত উপকাৰিতা নিহিত হৈ আছে।
ফ্ৰান্সৰ মস্তিষ্ক বিশাৰদ শল্য চিকিৎসক এজনে কৈছে যে, যদি চুলি দীঘল
আৰু ডিঙি শুকান থাকে
তেনেহলে মানব দেহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। কোনো সময়ত ইয়াৰ ফলত মানুহৰ মস্তিষ্ক
নিষ্ক্ৰিয় হৈ যায়। ফলত ডাক্তৰসকলে দিনত তিনিবাৰ ডিঙি তিতোৱাৰ
প্ৰয়োজনীয়তা উপলব্ধি কৰে। মস্তিষ্কৰ ৰোগৰপৰা ৰক্ষা আৰু পৰিত্ৰাণ পোৱাৰ কাৰণে যে ডিঙি মচেহ কৰা
জৰুৰী ইয়াৰপৰা এই কথা উপলব্ধি কৰিবপৰা যায়। আধ্যাত্মিক বিশেষজ্ঞসকলে মানৱ দেহক
ছয় ভাগত বিভক্ত কৰিছে। ইয়াৰে এটা অংশ হ’ল জীৱন সিৰ বা
ধমনী। জীৱন সিৰ মূৰ আৰু ডিঙিৰ মাজত অৱস্থিত। ডিঙি মচেহ কৰাৰ ফলত মানুহৰ দেহত এক বিশেষ ধৰণৰ শক্তি
আর্জিত হয়। যেতিয়া কোনো মানুহে ডিঙি মচেহ কৰে, তেতিয়া তাৰ হাতৰ মাধ্যমেৰে বৈদ্যুতিক প্ৰবাহ
উৎপন্ন হৈ জীৱন সিৰৰ মাজত জমা হয় আৰু মেৰুদণ্ডৰ হাড়ৰ মাধ্যমেৰে দেহৰ সকলো সিৰ(ধমনী) শৃংখলৰ
মাজত বিয়পি পৰে। ইয়াৰ ফলত সিৰ শৃংখলৰ শক্তি বৃদ্ধি পায়।
দুখন ভৰি গাঁঠিলৈকে ধৌত কৰা ফজ আৰু তিনিবাৰ ধৌত কৰা চুন্নত।
চলা-ফুৰাৰ সময়ত ভৰিয়ে আটাইতকৈ অধিক ময়লা, ধূলি- বালি, বোকা, বীজাণু আৰু আৱৰ্জনাৰ সংস্পৰ্শলৈ আহে। সেয়ে
প্রতিদিন একাধিক বাৰ ভৰি ধৌত কৰা আৱশ্যক। ডায়েবেটিচ ৰোগীৰ কাৰণে ভৰিৰ তত্ত্বাৱধান
লোৱাটো খুবেই জৰুৰী। অজু কৰিলে ভৰিৰ আৱশ্যকীয় পৰিচৰ্যা হয়।
বিখ্যাত চিকিৎসকসকলেও অজুৰ উপকাৰিতাৰ কথা উপলব্ধি কৰে।
প্ৰফেচৰ ডাক্তৰ মহম্মদ আলমগীৰ খানে অজুৰ গুৰুত্ব উপলব্ধি কৰি লেখিছে- অজু
স্বাস্থ্যৰক্ষাৰ মূলনীতিসমূহৰ এটা। অজু বীজাণুৰ বিৰুদ্ধে যুঁজ দিয়া উত্তম ৰক্ষা
কবজ। নানাবিধ ৰোগ বিস্তাৰ কৰা অসংখ্য বীজাণু আমাৰ চাৰিওফালে সিঁচৰতি হৈ আছে।
বায়ু-পানী-মাটি আৰু আমাৰ দৈনন্দিন ব্যৱহৃত বস্তুৰ মাজতো অসংখ্য বীজাণু প্ৰভাৱ বিস্তাৰ কৰি আছে।
মানৱ দেহ হ’ল দূৰ্গ সদৃশ। ছিদ্ৰ পথ অথবা ক্ষতস্থানৰ বাহিৰে
আমাৰ দেহত কোনো বীজাণু প্রবেশ কৰিব নোৱাৰে। নাক, মুখৰ বিন্ধাসমূহ সততে বীজাণুৰ
আক্ৰমণৰ মাজত থাকে আৰু আমাৰ হাত দুখনে সেইসমূহ বীজাণু আমাৰ দেহাভ্যন্তৰত প্ৰবেশ
কৰিবলৈ সাহায্য কৰে। অজুৰ মাধ্যমত দেহৰ বিন্ধাসমূহৰ বাহিৰেও
উন্মুক্ত অংগসমূহ প্রতিদিন কে’বাবাৰো ধৌত কৰা হয়। গতিকে অজু বিভিন্ন ৰোগৰপৰা সুৰক্ষিত থকাৰ এক উত্তম
মাধ্যম।
আলিগড় বিশ্ববিদ্যালয়ৰ চিকিৎসা আৰু আঘাত বিভাগৰ প্ৰধান
হেকিম ছৈয়দ মহম্মদ কামালুদ্দিন হোছেইন হামদানীয়ে কয়- অজুৰদ্বাৰা মানুহৰ উন্মুক্ত
অংগ হাত, মুখ, নাক, চকু, কাণ আৰু মুখমণ্ডল
উত্তমৰূপে পৰিষ্কাৰ হয়। এইসমূহ অংগ উন্মুক্ত থাকে আৰু বিভিন্ন ধৰণৰ দুর্গোন্ধ আৰু
ময়লাৰ সংস্পৰ্শলৈ আহে। ফলত এইসমূহ অংগ সক্ৰিয় ৰোগৰ কাৰণ হয়। অজুৰ মাধ্যমত
আৱৰ্জনা আৰু ময়লা ধৌত কৰাৰ ফলত অংগসমূহ পৰিষ্কাৰ হয়। টোপনি আৰু সপোনৰ
মাধ্যমত যি অৱসাদগ্রস্ততা,
ক্লান্তি মানৱ
প্ৰকৃতিত সৃষ্টি হয় সেয়া অজুৰ মাধ্যমত নাইকীয়া হৈ যায়। অজু কৰিলে মানুহৰ মন মেজাজ
সতেজ হয়।
তুৰস্কৰ ডাক্তৰ ভহুল্লুক নূৰ বাকীয়ে তেওঁৰ ‘অজু স্বাস্থ্য
ৰক্ষাৰ সৰ্বোত্তম মাধ্যম’
নামৰ গ্ৰন্থত
অজুৰ চিকিৎসাগত উপকাৰিতাৰ বিস্তাৰিত বর্ণনা দিছে। প্রথমে তেওঁ তেজ পৰিসঞ্চালন
পদ্ধতিৰ ওপৰত অজুৰ প্ৰভাৱৰ বৰ্ণণা দিছে। তাৰ পাছত নানা প্ৰকাৰ ৰোগ-ব্যাধিৰপৰা
সুৰক্ষাৰ নিয়ম লিমপাটিক চিষ্টেমৰ বিষয়ে বিশ্লেষণ কৰিছে। সর্বশেষত অজু আৰু বৈদ্যুতিক
স্থিতিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰিছে। দেহৰ
ভিতৰত শক্তি সংৰক্ষণৰ ব্যৱস্থা অধিক শক্তিশালী কৰাটোৱে অজুৰ উদ্দেশ্য বুলি ডাক্তৰ
নূৰ বাকীয়ে মতপোষণ কৰিছে। ১৪০০ বছৰ আগত ইছলামে যি পবিত্ৰতাৰ শিক্ষা দিছে
সেয়া আজিও চিকিৎসক আৰু বৈজ্ঞানিকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
( প্রকাশ অগ্রদূত-১
জুলাই/২০১১)
ইছলামী আদৰ্শত
খাতনা আৰু ইয়াৰ চিকিৎসাগত উপকাৰিতা
আমেৰিকাৰ এখন চিকিৎসা বিষয়ক সাময়িকীত ১৯৯০ চনৰ মাৰ্চ-মেই
সংখ্যাত এখন প্রতিবেদন প্রকাশ পাইছিল। আমেৰিকাত জন্মৰ পাছতেই ৬১ৰ পৰা
৮৫ শতাংশ শিশুক খাতনা কৰোৱা হয় বুলি উক্ত প্রতিবেদনত প্ৰকাশ পাইছিল। আমেৰিকাত
ইহুদিৰ সংখ্যা তেনেই নগণ্য আৰু মুছলমানৰ সংখ্যাও খুবেই কম। ইয়াৰপৰা এইটো
অনুমান কৰা অসুবিধা নহয় যে, আমেৰিকাত খ্ৰীষ্টানসকলেও খাতনা কৰোৱায়। ইউৰোপীয়ান
খ্ৰীষ্টানসকল খাতনাৰ ঘোৰ বিৰোধী যদিও আমেৰিকাৰ প্ৰসিদ্ধ শিশুৰোগ বিশেষজ্ঞ
চিকিৎসকসকল খাতনাৰ প্ৰতি আগ্রহী। ইয়াৰ কাৰণে মহান আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন
কৰা উচিত এই কাৰণে যে, আল্লাহই খাতনাৰ
নিগূঢ় ৰহস্য আৰু উপকাৰিতাৰ বিষয়েমানৱ জাতিক অৱগত কৰিছে। আমেৰিকা সহ বিশ্বৰ
বিভিন্ন দেশৰ প্ৰসিদ্ধ সাময়িকীসমূহত ইতিমধ্যে খাতনা বিষয়ক অসংখ্য ৰচনা প্ৰকাশ পাইছে।
ইছলামৰ পূৰ্বৰেপৰা খাতনাৰ নিৰ্দ্দেশ আছে। বোখাৰী আৰু মুছলিম
শ্বৰিফত আবু হোৰায়ৰা (ৰাদিঃ)ৰ পৰা বর্ণিত আছে- নবী (ছাঃ)এ কৈছে- হজৰত
ইব্রাহীম (আঃ) আশী বছৰ বয়সত কুঠাৰেৰে খাতনা কৰিছিল। আল্লামা ইবনে কায়্যিম (ৰহঃ)ই
কৈছে- প্রাপ্ত তথ্য অনুসৰি দেখা যায় যে, সর্বপ্রথম খাতনা কৰিছিল হজৰত ইব্রাহীম(আঃ)। তাৰ
পাছত নবী ৰছুল সকলৰ মাজত খাতনাৰ প্ৰচলন হৈছিল আৰু ই ধাৰাবাহিকভাবে
চলি আছিল। এনেকি হৰজৰত ইছা(আঃ)ৰো খাতনা হৈছে। খ্ৰীষ্টানসকলে এই কথা অস্বীকাৰ নকৰে; বৰং গাহৰিক যিমান দৃঢ়তাৰ সৈতে
হাৰাম বুলি ভাবে ঠিক সেইদৰে ইছা(আঃ)ৰ খাতনা কৰোৱাকো স্বীকাৰ কৰে। খ্ৰীষ্টানসকলে
খাতনাক বিশেষভাবে গুৰুত্ব দিয়ে। চফৰে তাকভীনত খাতনা সম্পর্কে বর্ণিত
আছে- স্মৰণ ৰাখিবা মোৰ আৰু তোমালোকৰ আৰু তোমালোকৰ পৰৱৰ্ত্তী বংশধৰসকলৰ মাজত এই অংগীকাৰ
থাকিল যে, প্রতিজন ল'ৰা সন্তানৰ যাতে
খাতনা কৰোৱা হয়।
প্ৰথমাৱস্থাত খ্ৰীষ্টাসকলৰ মাজতো খাতনাৰ প্ৰচলন আছিল।
ইঞ্জিলতো খাতনাৰ বিষয়ে উল্লেখ আছে। যীচুই কৈছে- মই সঁচাকৈয়ে কৈছো, খাতনাহীন
ব্যক্তিতকৈ কুকুৰেই অধিক উত্তম। খাতনা সম্পর্কে নবী (ছাঃ)ৰ বহু হাদীছ আছে। বুখাৰী
আৰু মুছলিম শ্বৰীফত হজৰত আবু হোৰায়ৰা(ৰাজিঃ)ৰপৰা বর্ণিত আছে- পাঁচটা বস্তু
ফিত্ৰাত (অভ্যাসগত আৰু প্ৰকৃতিগত বস্তু)ৰ অন্তৰ্গত। (১) খাতনা কৰা। (২) নাভিৰ তলৰ নোম কটা। (৩)
গোঁফ চুটিকৈ ৰখা। (৪) নখ কটা আৰু (৫) কাষলতিৰ নোম পৰিষ্কাৰ কৰা। ইমাম আহমহ (ৰহঃ)
আৰু চাদ্দাত ইবনে আউচৰপৰা বর্ণিত আছে- খাতনা পুৰুষৰ কাৰণে চুন্নত।
ৱাশ্বিংটনৰ সামৰিক হাস্পতালৰ শিশুৰোগ বিভাগৰ প্ৰধান প্ৰফেছৰ
ডেইলে আমেৰিকাৰ ফেমিলি ফিজিচিয়ান পত্ৰিকাত ১৯৯০ চনৰ মার্চ সংখ্যাত
লেখিছিল- ১৯৭৫ চনলৈকে ময়ো খাতনাৰ বিৰুদ্ধে আছিলো। খাতনা বন্ধ কৰাৰ কাৰণে তেতিয়া
যি প্ৰচেষ্টা চলোৱা হৈছিল ময়ো তাত অংশ গ্ৰহণ কৰিছিলো। কিন্তু আশীৰ দহকৰ
প্ৰথমফালে চলোৱা জৰীপত দেখা গ'ল যে, খাতনাবিহীন শিশুৰ মাজত প্ৰস্ৰাৱৰ নলীত প্রদাহ ৰোগ
খাতনাকৃত শিশুতকৈ অপেক্ষাকৃতভাবে অধিক দেখা যায়। তথাপিও খাতনা জীৱনৰ স্বাভাৱিক
কৰণীয় কৰ্মৰ অন্তৰ্ভূক্ত এইটো মানি লোৱাটো মোৰ অভিমত নাছিল। হ’লেও মই খাতনা কৰোৱাৰ
বাবে পৰামৰ্শ দিছিলো। কিন্তু এই বিষয়ে আৰু অধিক অনুসন্ধান কৰি আৰু
দূৰদৰ্শিতাৰ সৈতে পৰ্যবেক্ষণ কৰাৰ পাছত প্রাপ্ত ফলাফল আমাৰ অভিমতৰ সম্পূৰ্ণ বিপৰীত
আছিল। অৱশেষত খাতনাক জীৱনৰ স্বাভাৱিক (প্রকৃতিগত) কৰ্মৰূপে মানি ল’বলৈ বাধ্য হ'লো। মাথোন সেয়াই
নহয়, বৰং আমেৰিকান
একাডেমিয়ে ১৯৮৯ চনত শিশুৰ চিকিৎসা বিষয়ক যি প্রতিবেদন প্রকাশ কৰিছিল
সেয়া ১৯৭০ চনত প্ৰকাশিত প্রতিবেদনৰ সম্পূৰ্ণ বিপৰীত। আগতে খাতনাক অনুৎসাহিত কৰাৰ কাৰণে যি
প্ৰচাৰ চলোৱা হৈছিল অৱশেষত সেয়া বন্ধ কৰা হ’ল। সাম্প্ৰতিক চিকিৎসা সংক্রান্তীয় অভিজ্ঞতাৰ
পাছত খাতনাৰ ক্ষেত্ৰত নৱজাগৰণৰ সৃষ্টি হৈছে। সময়ৰ আহ্বানত মানুহে
নিজৰ মত পৰিৱৰ্ত্তনৰ লগে লগে অভ্যাসগত বস্তুকো পৰিৱৰ্ত্তন কৰিব লগা হয়।
প্ৰফেছৰ ডেইলে ৰচনাৰ শেষত লেখিছে- চিকিৎসক সদস্যসকলে ১৯৮৮
চনৰ আঠ মাৰ্চত ঐকমত পোষণ কৰিছে যে, কেলিফৰ্ণিয়াৰ চিকিৎসক সমিতিৰ সিদ্ধান্তক
প্ৰসন্নচিত্তে মানি ল’লো। ১৯৯০ চনত ‘নিউ জার্ণাল অৱ
মেডিচিন’ নামৰ সাময়িকীত
চিকিৎসক শ্বেভানে লেখিছে- শিশুকালৰ খাতনাই আজীৱন যৌনাঙ্গৰ পৰিচ্ছন্নতা ৰক্ষা কৰাত সহায় কৰে।
খাতনাৰ ফলত শৈশৱৰপৰাই পুৰুষাঙ্গৰ অগ্ৰভাগৰ ছালৰ তলত কোনো জীৱাণু আশ্ৰয় ল’ব নোৱাৰে। ডাঃ
শ্বেভানক বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ আৰু অভিজ্ঞ শিশুৰোগ বিশেষজ্ঞসকলৰ মাজৰ এজন হিচাপে গণ্য
কৰা হয়। গুপ্তাঙ্গৰ কেন্সাৰৰপৰা ৰক্ষা পোৱাৰ কাৰণে তেওঁ গুপ্তাংগৰ
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্বাৰোপ কৰি কৈছে- গুপ্তাংগ
সম্পূৰ্ণৰূপে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো সঁচাকৈয়ে অসম্ভৱ আৰু কষ্টসাধ্য। এই
বিষয়টো মাথোন তৃতীয় বিশ্বৰ মানুৰ কাৰণে কষ্টসাধ্য নহয়, বৰং আমেৰিকাৰ দৰে উন্নত আৰু সৰু সৰু উন্নত
দেশবোৰতো কষ্টসাধ্য। ব্ৰিটেইনৰ খাতনাবিহীন স্কুলীয়া শিশুসকলৰ মাজত অনুসন্ধান চলাই
জানিবপৰা গৈছে যে, ছয় বছৰ বয়সৰ
খাতনাবিহীন শিশুৰ ৬০ শতাংশ শিশুৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মান আছিল অত্যন্ত নিম্নগামী।
ডেনমার্কত চলোৱা অনুসন্ধানৰপৰা জানিবপৰা গৈছে যে, ছয় বছৰৰ খাতনাবিহীন শিশুৰ ৬৩ শতাংশৰ
পুৰুষাঙ্গৰ অগ্রভাগৰ ছালৰ বর্ধিত অংশত ময়লা জমা হৈ আটকি আছে। এয়া
খাতনাৰ গুঢ় ৰহস্য আৰু তাৎপর্য অনুসন্ধানকাৰী এটি কমিটিৰ প্ৰধানৰ বক্তব্য।
নবী (ছাঃ)এ বহু আগতেই এই বিষয়ে আমাক পথ প্ৰদৰ্শন কৰি গৈছে।
আল্লাহই কোৰআনত কৈছে- গতিকে হে মহম্মদ আল্লাহৰ একনিষ্ঠ সেৱক হৈ সত্যৰ
ফালে মন সুস্থিৰ কৰি ৰখা,
যি প্ৰকৃতিত
মানুহক আল্লাহই সৃষ্টি কৰিছে (এই ধৰ্মও) সেই প্ৰকৃতিৰ ধৰ্ম। আল্লাহৰ সৃষ্টিৰ
নিয়মৰ কোনো পৰিৱৰ্ত্তন
নাই, সেয়া হৈছে সঠিক, সুপ্রতিষ্ঠিত
ধৰ্ম, কিন্তু সৰহ ভাগ
মানুহেই নাজানে। (ছুৰা ৰোমঃ৩১)
১৯৮৯ চনত পৰিচালিত এক জৰীপত খাতনাকৃত শিশুৰ তুলনাত খাতনাহীন
শিশুৰ মূত্ৰনলীৰ প্ৰদাহৰ আশংকা ৩৯ গুণ অধিক পোৱা গৈছে। বেলেগ এটা
বিশেষজ্ঞৰ দলে অনুসন্ধান কৰি কৈছে যে, আমেৰিকাত খাতনা প্ৰচলন নহ'লে প্লীহা আৰু
মূত্ৰনলীৰ প্ৰদাহত আক্ৰান্ত ৰোগীৰ সংখ্যা হাজাৰ হাজাৰ হ'লহেঁতেন।
ব্ৰিটেইনৰ লনেষ্ট নামৰ বিষয়ক সাময়িকীৰ ১৯৮৯ চনৰ সংখ্যাত প্ৰকাশ পাইছিল যে জন্মৰ পাছতেই শিশুৰ
খাতনা কৰা হ’লে মূত্ৰনলীৰ
প্ৰদাহ ৯০ শতাংশ হ্রাস পাব।
১৯৭৭ চনত
ব্ৰিটেইনৰ এছ, জে নামৰ চিকিৎসা
বিষয়ক সাময়িকীত প্রকাশিত এটি প্ৰৱন্ধত প্ৰকাশ পাইছিল যে, জননাঙ্গৰ কেন্সাৰ ইহুদিসকলৰ খুব কম
হয়। মুছলিম দেশ য’ত শিশুকালতে
খতানা কৰি দিয়া হয় সিহঁতৰ অৱস্থাও অনুৰূপ। সম্প্ৰতি জননাঙ্গৰ কেন্সাৰ সমগ্ৰ বিশ্বত এক জটিল
সমস্যা। বিশেষকৈ চীন আৰু ইউগাণ্ডাত ১২ৰপৰা ২২ বছৰৰ মানুহৰ এই ৰোগ হয়। ‘নেচনেল
ইনষ্টিটিউট ফৰ কেন্সাৰ মেগাজিন'ত প্ৰকাশিত এখন প্রতিবেদনত গুৰুত্ব সহকাৰে কোৱা
হৈছে যে, জননাঙ্গৰ কেন্সাৰ
অবাধ যৌন মিলনৰ ফলত বিয়পে। শিশুৰোগ বিষয়ক আমেৰিকাৰ এটি আলোচনীত কোৱা হৈছে যে, খাতনাহীন ব্যক্তি
যিকোনো সময়ত জননাঙ্গৰ কেন্সাৰত আক্রান্ত হ’ব পৰে আৰু নৱজাতকৰ খাতনা
কৰি এই কেন্সাৰ প্ৰতিৰোধ কৰা যাব পাৰে। শ্রমসাধ্য গৱেষণাৰ জৰিয়তে আধুনিক চিকিৎসা
বিজ্ঞানে খাতনাহীন ব্যৱস্থাৰ যি বিপজ্জক পৰিণতিৰ কথা প্ৰকাশ কৰিছে ইছলামে
সেই ব্যৱস্থা আগতেই চালু কৰিছে।
অষ্ট্ৰেলিয়াৰ এটি জৰীপৰপৰা জনা গৈছে যে, খাতনাহীন লোকৰ
মাজত চাৰি প্ৰকাৰৰ ৰোগ সচাৰ্চৰ অধিক হয়- পুৰুষাঙ্গৰ খজুৱতি, গণোৰিয়া আৰু
ছিফিলিছ।
১৯৮৯ চনত প্ৰকাশিত আমেৰিকাৰ এটি চায়েন্স আলোচনীৰ
প্ৰতিবেদনৰ শিৰোনাম আছিল এনেধৰণৰ- ‘খাতনাই এইড্ছ্ ৰোগৰপৰা ৰক্ষা কৰে।' এই প্রতিবেদনখন
আমেৰিকা আৰু আফ্ৰিকাত পৰিচালিত তিনিটা জৰীপৰ ভিত্তিত ৰচনা কৰা হৈছিল। ইয়াৰপৰা
প্ৰমাণিত হয় যে, বিভিন্ন ৰোগৰপৰা
পৰিত্ৰাণ পোৱাৰ কাৰণে অমুছলিমসকলেও বর্তমান খাতনাক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে।
আধুনিক গৱেষণাত এইটো স্পষ্ট হৈ পৰিছে যে নবী(ছাঃ)ৰ প্ৰৱৰ্ত্তিত চৰিতৰ প্ৰতিটো দিশ মাথোন
মানুহৰ পৰকালৰ সাফল্য আৰু মংগলৰ কাৰণেই নহয়, বৰং পাৰ্থিৱ জীৱনৰ কাৰণেও কল্যাণকামী।
(প্ৰকাশ- অগ্রদূত-
৬ জানুৱাৰী/২০১১)
ইছলামত আত্মহত্যা
কঠোৰভাবে নিষিদ্ধ।
সাম্প্রতিক বিশ্বত দিনক দিনে আত্মহত্যাৰ প্ৰকোপ ইমানেই বৃদ্ধি
পাইছে আছে যে, সম্প্রতি ই এক
সামাজিক সমস্যাৰূপে চিহ্নিত হৈছে। ইছলাম কোনো পৰিস্থিতিতেই আত্মহত্যা সমর্থন
নকৰে। আবু হোৰায়ৰাৰপৰা বর্ণিত আছে যে, যিজনে লোৰ অস্ত্ৰৰ দ্বাৰা আত্মহত্যা কৰিব, তাৰ হাতত লোৰ
অস্ত্ৰ তুলি দিয়া হ’ব। সেই
অস্ত্ৰদ্বাৰা সি জাহান্নামৰ অগ্নিত অনন্তকাল তাৰ পেট ফুটা কৰি থাকিব আৰু
জাহান্নামে হ’ব তাৰ চিৰস্থায়ী
বাসস্থান আৰু যিজনে বিষ পান কৰি আত্মহত্যা কৰিব, সি অনন্তকাল জাহান্নামৰ অগ্নিত সেই বিষেই লেহন
কৰি থাকিব আৰু তাতেইতাৰ অনন্তকালৰ বাসস্থান হ'ব। যিজনে পাহাৰৰপৰা জঁপিয়াই আত্মহত্যা কৰিব, জাহান্নামৰ
অগ্নিৰ মাজত তেনেকৈয়ে জঁপিয়াই থাকিব আৰু তাতেই সি অনন্তকাল অৱস্থান কৰিব।
হজৰত চাবিদ ইবনে যাহকৰ পৰা বর্ণিত আছে যে, নবী (ছাঃ) এ
কৈছে- সেই বস্তুৰ দান কাৰ্যকৰী নহয়, যাৰ মালিক সি নহয়। এজন মোমিন
(বিশ্বাসী)ক অভিসম্পাত কৰাটো তাক হত্যা কৰাৰ লেখীয়া কথা। যিজনে পৃথিবীত যি
বস্তুৰে আত্মহত্যা কৰিব, কিয়ামতৰ দিনা তাক উক্ত
বস্তুৰদ্বাৰা শাস্তি প্ৰদান কৰা হ’ব।
এজন মানুহে ভাল কৰ্ম কৰাৰ পাছতো যদি আত্মহত্যা কৰে তেনেহ'লে সি নৰক ভোগ
কৰিব লাগিব। হজৰত আবু হোৰায়ৰাৰ পৰা বর্ণিত আছে, তেওঁ কৈছে- আমি হুনাইনৰ যুদ্ধত নবী(ছাঃ)ৰ লগত
আছিলো। নবী (ছাঃ)এ এজন মানুহক জাহান্নামী বুলি চিহ্নিত কৰিলে। মানুহজন মুছলিম নামেৰে
পৰিচিত আছিল। আমি যেতিয়া যুদ্ধত লিপ্ত আছিলো সি ভীষণভাবে যুদ্ধ কৰি আহত হয়।
এনেতে কোনোবা এজনে আহি নবী (ছাঃ)ক ক’লে- আপুনি কিছু সময় আগত যাক জাহান্নমী বুলি
কৈছিল সি ভীষণভাবে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছে। এই কথা শুনি নবী (ছাঃ)এ ক’লে- সি জাহান্নলৈ
গুচি গৈছে। কিন্তু এই কথাত কোনো কোনো মুছলমানৰ মনত সন্দেহৰ সৃষ্টি হ’ল। এনেতে কোনোবা
এজনে আহি খবৰ দিলে যে, মানুহজন মৰা নাই; কিন্তু
মাৰাত্মকভাবে আহত হৈছে। পাছত যেতিয়া ৰাতি হ’ল, তেতিয়া সি আঘাতৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আত্মহত্যা
কৰিলে। নবী (ছাঃ)ক এই খবৰ দিয়াৰ পাছত তেওঁ ক'লে- আল্লাহু আকবৰ, মই সাক্ষ্য দিছো
যে, মই নিশ্চয়
আল্লাহৰ বান্দাহ আৰু ৰাছুল। ইয়াৰ পাছত তেওঁ উপস্থিত লোকসকলৰ মাজত ঘোষণা কৰিলে-
মুছলমানৰ বাহিৰে কোনো ব্যক্তি বেহেস্তত প্ৰৱেশ কৰিব নোৱাৰিব।
অৱশ্যে আল্লাহই পাপী ব্যক্তিৰ দ্বাৰাও দ্বীনৰ সাহায্য আৰু শক্তি প্ৰদান কৰিছে।
হজৰত ছাহল ইবনে আছ ছাঈদীৰ পৰা বর্ণিত আছে, এবাৰ নবী (ছাঃ)
আৰু বিধৰ্মী পৰষ্পৰ মুখা-মুখি হ’ল আৰু যুদ্ধ আৰম্ভ হৈ গ'ল। যুদ্ধ শেষ হোৱাৰ পাছত
নিজা নিজা সেনা বাহিনীৰ লগত মিলিত হ’ল। নবী(ছাঃ)ৰ সংগীসকলৰ মাজত এনেকুৱা এজন মানুহ
আছিল যিজনে সিদিনাৰ যুদ্ধত খুবেই বীৰত্বৰ সৈতে যুঁজিছিল। কোনো অমুছলমানক দেখাৰ লগে লগে সি
তাৰ পাছত লাগি গৈছিল আৰু তৰোৱালৰ আঘাতত হত্যা কৰিছিল। মানুহ বিলাকে তাৰ বীৰত্ব
দেখি কোৱা-মেলা কৰিছিল যে,
অমুক ব্যক্তিয়ে
আজি যিদৰে বীৰত্বৰ পৰিচয় দিছে আমাৰ মাজৰ কোনেও তেনেকুৱা বীৰত্বৰ পৰিচয়
দিবপৰা নাই। তেতিয়া নবী(ছাঃ)এ ক'লে-মনত ৰাখিবা, সি জাহান্নমী। উপস্থিত লোকসকলৰ মাজৰপৰা এজনে ক’লে যে, সি সততে সেই
লোকজনৰ লগত থাকিব। তাৰ পাছত সি যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰা সেই মানুহজনৰ পাছত লাগি থাকিল ৷ পুনৰ
যেতিয়া যুদ্ধ আৰম্ভ হ’ল, সেই বীৰত্ব
প্ৰদৰ্শন কৰা ব্যক্তিজন মাৰাত্মকভাবে আহত হ’ল। ফলত ক্ষতৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি সি মৃত্যু কামনা
কৰিলে । সি তাৰ তৰোৱালৰ মুঠিৰ ফাল মাটিত আৰু অগ্রভাগ তাৰ বুকুৰ দুই স্তনৰ মাজত
স্থাপন কৰি তৰোৱালৰ ওপৰত পৰি আত্মহত্যা কৰিলে। তেতিয়া আত্মহত্যাকাৰী
মানুহজনক অনুসৰণ কৰা মানুহজন নবী(ছাঃ)ৰ ওচৰলৈ আহি ক'লে- আপুনি নিঃসন্দেহে আল্লাহৰ ৰাছুল।
নবী(ছাঃ)এ ক’লে- ব্যাপাৰ কি? তেতিয়া সেই
মানুহজনে ক'লে- আপুনি কিছু
সময় আগতে যিজন মানুহক জাহান্নমী বুলি কৈছিল আৰু মানুহবিলাকে আপোনাৰ সেই ভৱিষ্যত বাণী
শুনি আচৰিত হৈছিল, সি যুদ্ধত আহত হৈ
আত্মহত্যা কৰিছে। এই কথা শুনি নবী(ছাঃ)এ ক’লে- মানুহৰ দৃষ্টিত কোনো মানুহে বেহেস্তৰ কাম
কৰিলেও কেতিয়াবা সিও জাহান্নমী হয়। আকৌ মানুহৰ দৃষ্টিত জাহান্নমৰ কাম কৰা মানুহ
এজনো বেহেস্তবাসী হয়।
হজৰত শ্বাইবানে কৈছে যে, মই হাছান বছৰীৰপৰা শুনিছো, তোমালোকৰ আগৰ এজন
মানুহৰ এটি ফোঁহা হৈছিল। ফোঁহাৰ বিষে তাক যন্ত্রণা দি আছিল। তেতিয়া সি তূণৰপৰা শৰ
উলিয়াই ফোঁহাটো ফুটাই দিলে; কিন্তু তেজ ক্ষৰণ বন্ধ নহ’ল। অৱশেষত সি মৃত্যুবৰণ কৰিলে। আল্লাহই কৈছে, মই তাৰ কাৰণে
নিশ্চয় বেহেস্ত হাৰাম কৰি দিছো। ইয়াৰ পাছত হাছান বছৰী বছৰাৰ জামে মছজিদৰ ফালে
হাত প্রসাৰিত কৰি ইংগিত কৰি ক'লে- হয়, আল্লাহৰ শপত, জুনদুৰ ইবনে
আবদুল্লাহই এই হাদীছটো আমাক এই মছজিদৰ ভিতৰতেই বৰ্ণনা কৰিছিল।
মাথোন আত্মহত্যাই
নহয়, স্বেচ্ছাকৃতভাবে
কোনোবাই নিজৰ কোনো অংগচ্ছেদ কৰিলেও তাৰ কাৰণে শাস্তি ভোগ কৰিব লাগিব। হজৰত জাবিৰৰ পৰা
বর্ণিত আছে- তুফাইল ইবনে আ’মৰ ইবনে আদ্
দাউচীয়ে নবী(ছাঃ)ৰ ওচৰলৈ আহি ক’লে-ইয়া ৰাছুলাল্লাহ, আপোনাৰ কোনো সুৰক্ষিত দুৰ্গ
আৰু আত্মৰক্ষাৰ কাৰণে কোনো সুৰক্ষিত ঠাইৰ প্ৰয়োজন আছে নেকি? তেতিয়া এজন
ৰাবীয়ে ক'লে- জাহিলী যুগত
দাউচীসকলৰ এটি দূর্গ আছিল।
নবী (ছাঃ)এ এই প্ৰস্তাৱ প্ৰত্যাখান কৰিলে। কিয়নো তেওঁৰ
নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ সন্মান আল্লাহে আনছাৰসকলৰ ভাগ্যত নিৰ্ধাৰণ কৰিছে। ইয়াৰ
পাছত নবী (ছাঃ)এ যেতিয়া মদিনালৈ হিজৰত কৰিলে, তুফাইল ইবনে আমৰ নবী(ছাঃ)ৰ পশ্চাধাৱন কৰিলে আৰু
তেওঁৰ লগত এজন
স্বগোত্রীয় ব্যক্তিও হিজৰত কৰিলে। কিন্তু মদিনাৰ আৱহাওয়া তেওঁলোকৰ অনুকূল
নোহোৱাৰ ফলত তেওঁৰ লগৰীয়া মানুহজন অসুস্থ হৈ পৰিল আৰু এটা সময়ত তাৰ কাৰণে অসুখ
অসহ্য হৈ উঠিল। বিষৰ যন্ত্ৰণা সহ্য কৰিব সি শৰৰ ফলকেৰে হাতৰ আঙুলিৰ গাঁঠি কাটি পেলালে। তেতিয়া
তাৰ হাতৰ পৰা তেজক্ষৰণ আৰম্ভ হ'ল আৰু সেই তেজক্ষৰণতে সি মৃত্যু বৰণ কৰিলে৷ এৰাতি তুফাইল
ইবনে আ’মৰে তাক সপোনত দেখা
পায় আৰু তাৰ দৈহিক অৱস্থা খুব সুন্দৰ দেখা পায়। কিন্তু তেওঁ তাৰ আঙুলিবোৰ যোৰা
লাগি থকা দেখা পায়। তুফাইলে তেতিয়া তাক সুধিলে- তোমাৰ প্ৰভুৱে তোমাৰ লগত
কি ধৰণৰ আচৰণ কৰিছে? তেতিয়া সেই
মানুহজনে ক'লে, হজৰত মহম্মদ(ছঃ)ৰ লগত হিজৰত কৰাৰ
কাৰণে আল্লাহই মোক ক্ষমা কৰি দিছে। তেতিয়া তুফাইলে সুধিলে- তোমাৰ হাতৰ আঙুলিবোৰ
তেনেকৈ যোৰা লাগি আছে কিয়? তেতিয়া মানুহজনে
ক'লে- মোক কৈ দিয়া
হৈছে যে, তুমি স্বেচ্ছাই
তোমাৰ দেহৰ যি অংশ বিচ্ছিন্ন কৰিছা, সেয়া কেতিয়াও ঠিক কৰি দিয়া নহ’ব। তুফাইলে এই
ঘটনাটো নবী(ছাঃ)ৰ ওচৰত বৰ্ণনা কৰাৰ পাছত নবী(ছাঃ)এ সেই মানুহজনৰ কাৰণে দোৱা কৰি ক'লে- হে আল্লাহ, তাৰ হাত দুখনক
তুমি ক্ষমা কৰি দিয়া। আল্লাহই পবিত্র কোৰআনতো আত্মাক বধ কৰিবলৈ নিষেধ কৰিছে আৰু
যি আত্মাক বধ কৰিবলৈ আল্লাহই নিষেধ কৰিছে তাক অনাহকত তোমালোকে কেতিয়য়াও বধ নকৰিবা। (ছুৰা
ইস্রাইলঃ ৩৩)।
(প্রকাশ- অগ্রদূত-
২ মাচ / ২০১১)
পৰিষ্কাৰ-পৰিচ্ছন্নতা
ইছলামৰ আদৰ্শ।
তোমালোক আল্লাহৰ চৰিত্ৰ চৰিত্ৰবান হোৱা এয়া হ’ল ইছলামৰ
নিৰ্দ্দেশ। কাৰণ আল্লাহৰ সত্ত্বা অতি পৱিত্ৰ। আল্লাহৰ সত্ত্বা সকলো ধৰণৰ বেয়াৰপৰা
মুক্ত। সকলো ধৰণৰ দগাবাজি,
হিংসা-বিদ্বেষ, ষড়যন্ত্ৰৰ পৰা
তেওঁ পবিত্ৰ। তেওঁ কৃপণতা,
সংকীর্ণতাৰ পৰাও
মুক্ত। আল্লাহৰ গুণাৱলী
পবিত্র প্রশংসিত। সেয়ে ইছলাম যিমানদূৰ সম্ভৱ আল্লাহৰ গুণাৱলীৰে গুণান্বিত হোৱাৰ
বাবে নিৰ্দ্দেশ দিছে।
বাস্তৱ ক্ষেত্ৰত এগৰাকী ধৰ্মপ্ৰাণ মুছলমানৰ জীৱন পবিত্ৰ আৰু
সকলো প্ৰকাৰ জীৱাণুৰপৰা সুংৰক্ষিত। এগৰাকী ধৰ্মপ্রাণ মুছলমান সকলো প্ৰকাৰ প্ৰকাশ্য
আৰু অপ্রকাশ্য অপবিত্ৰতাৰ পৰা পবিত্ৰ হৈ থাকে। এগৰাকী মুছলমানক ইছলাম সকলো প্ৰকাৰ
হিংসা-বিদ্বেষ, চুৰি-ডকাইতি, গালি-গালাজ তথা
ব্যাভিচাৰৰপৰা মুক্ত হৈ থাকিবলৈ নিৰ্দ্দেশ দিছে। সদায় সত্য কথা ক’বলৈ আৰু মিছা কথা
কোৱাৰপৰা বিৰত থাকিবলৈ নিৰ্দ্দেশ দিছে। বেলেগক কষ্ট নিদিবলৈ আৰু ক্ষতি
নকৰিবলৈও নিৰ্দ্দেশ দিছে ইছলাম। বেলেগক সাহায্য আৰু সৎপথ প্ৰদৰ্শনৰ কাৰণে প্ৰস্তুত থাকিবলৈ, দুর্বলক সহায়, প্রতিবেশীৰ লগত
উত্তম আচৰণ কৰিবলৈও নিৰ্দ্দেশ দিছে ইছলাম। বেলেগৰ অধিকাৰ খৰ্ব আৰু অনিষ্ট নকৰিবলৈও ইছলামে নিৰ্দ্দেশ
দিছে। নবী(ছাঃ) এ কৈছে- তেঁৱে প্ৰকৃত আৰু পূৰ্ণাংগ মুছলমান যিজনৰ মুখ আৰু হাতৰপৰা
বেলেগ মুছলমান নিৰাপদে থাকে। ছহি আল বুখাৰীত উল্লেখ আছে- তোমালোকৰ
মাজৰপৰা কোনো ব্যক্তি তেতিয়ালৈকে পূর্ণ মোমিন হ’ব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজৰ
মুছলমান ভাইসকলৰ কাৰণে সেইবোৰ বস্তু নিবিচাৰে যিবোৰ বস্তু তেওঁ নিজৰ কাৰণে পছন্দ
কৰে। পবিত্র বস্তু ভক্ষণ আৰু অপবিত্ৰ বস্তুৰপৰা বিৰত থাকি নিজৰ চিন্তাধাৰাক
পবিত্ৰ ৰখাৰ কাৰণে নিৰ্দ্দেশ দিছে ইছলাম।
ইছলামিক আদৰ্শত নামাজক বিশিষ্ট কেন্দ্রীয় মর্যদাত অভিষিক্ত
কৰা হৈছে। নামাজৰ পূৰ্বে নিজৰ দেহক পবিত্ৰ কৰি লোৱাটো নামাজৰ পূৰ্বচৰ্ত।
নামাজী এজনৰ পোচাক-পৰিচ্ছদ পবিত্ৰ হোৱাৰ লগতে তেওঁ অজু বিশিষ্ট হোৱা উচিত। এইবোৰ
নামাজৰ প্ৰাথমিক চর্ত। নামাজ আদায়ৰ পূৰ্বে সকলো প্ৰকাৰ শাৰীৰিক পবিত্ৰতাৰ
কথা ঘোষণা কৰিছে ইছলাম। সেয়ে ইছলাম পবিত্ৰতাক ঈমানৰ অংগ হিচাপে ঘোষণা কৰিছে। (ছহী
বুখাৰী খণ্ড-১)। চুনানে তিৰমিজিত পবিত্ৰতাক ঈমানৰ অৰ্ধেক বুলি ঘোষণা কৰিছে ইছলাম।
ইয়াৰপৰা এইটো স্পষ্ট যে এজন মুছলমানৰ কাৰণে পবিত্ৰতা হ’ল ঈমানৰ অংগ।
সেয়ে ইছলাম প্রকাশ্য আৰু অপ্রকাশ্য পবিত্ৰতা শিক্ষাৰ ওপৰত গুৰুত্বাৰোপ
কৰিছে। বেলেগ ধৰ্মাৱলম্বী লোকেও ইছলামৰ এই আদৰ্শক অতি উত্তম বুলি স্বীকাৰ কৰিবলৈ
বাধ্য হৈছে। ডাঃ ৰবাৰ্ট স্মিথ আৰু বিখ্যাত চার্জন মাছলামাই কৈছে, আমি পবিত্ৰতাৰ
শিক্ষা ইছলামৰপৰা পাইছো।
মানুহৰ দেহৰপৰা শৌচ আৰু পেচাৱৰ আকাৰত নিৰ্গত পদাৰ্থ হ'ল আটাইতকৈ
নিকৃষ্ট পদার্থ। এইবোৰ নিৰ্গত হোৱাৰ পাছত ইছলাম ইন্তিঞ্জা
(পবিত্রতা অর্জন) কৰাৰ নিৰ্দ্দেশ দিছে। ইস্তিঞ্জা কৰাৰ সময়ত বেযোৰ মাটিৰ চপৰাৰে
গুপ্তাংগ পৰিষ্কাৰ কৰাৰ লগতে প্রয়োজন সাপেক্ষে অধিকবাৰ সোঁহাতেৰে পানী ঢালি বাঁও
হাতেৰে পেচাৱ-পায়খানা উত্তমরূপে ধৌত কৰাৰ নিৰ্দ্দেশ দিছে। শৌচ-পেচাৱ কৰাৰ সময়ত মুকলি
পথাৰে হওঁক বা পায়খানাই হওঁক কেৱলাৰ ফালে পিঠি অথবা মুখ কৰি নবহিবৰ কাৰণে
নিৰ্দ্দেশ দিছে ইছলাম। ভুলবশতঃ তেনেকুৱা কৰিলেও ভুল ধৰা পৰাৰ লগে লগে দিশ
পৰিৱৰ্ত্তন কৰাৰ কাৰণে নিৰ্দ্দেশ দিছে। শৌচ, পেচাৱ কৰাৰ সময়ত খালী মূৰে থকা আৰু বলি থকা বতাহৰ
ফালে মুখ কৰি বহা নিষেধ। পেচাৱ-পায়খানালৈ যোৱাৰ সময়ত তলত দিয়া দোৱা পঢ়াৰ কাৰণে
নিৰ্দ্দেশ দিছে-‘হে আল্লাহ, নিশ্চয় মই
দৃষ্টিহীন পুৰুষ, জ্বীন আৰু নাৰীৰপৰা
তোমাৰ আশ্ৰয় বিচাৰো।’
পায়খানাত প্ৰৱেশৰ সময়ত বাঁও ভৰি আগত দি প্ৰৱেশ কৰিব লাগে
আৰু পায়খানাত বহাৰ আগতে শৰীৰৰপৰা কাপোৰ গুচাই ল’ব লাগে; কিন্তু প্রয়োজনতকৈ অতিৰিক্ত কাপোৰ যাতে নুগুচে
সেইফালে লক্ষ্য ৰাখিব লাগে। বহাৰ সময়ত বাঁও ভৰিৰ ওপৰত অধিক ভৰ দি বহিব লাগে আৰু
মনে মনে থাকি শৌচ কৰিব লাগে। শৌচ সমাধা হ’লে, পুৰুষে বাঁও হাতৰদ্বাৰা গুপ্তাংগৰ গুৰিৰ
ফালৰপৰা আগৰ ফালে হেঁচা দি যাব লাগে যাতে গুপ্তাংগৰ ভিতৰত ৰৈ থকা পেচাৱৰ ফোটা বাহিৰ হৈ যায়।
তাৰ পাছত মাটিৰ চপৰাৰে ইন্তিঞ্জা কৰি পানীদ্বাৰা গুহ্যদ্বাৰ ধৌত
কৰি পবিত্ৰ হ’ব লাগে। পানীৰ
পাত্ৰ এনেকুৱা ওপৰত ৰাখিব নালাগিব, য’ৰ পৰা পানীৰি ছিটা গাত পৰিব পাৰে। গুহ্যদ্বাৰ
ধৌত কৰাৰ সময়ত
স্বাভাৱিকভাবে উশাহ-নিশাহ ল’ব লাগে আৰু উত্তমৰূপে ধৌত কৰিব লাগে যাতে ধৌতস্থান বা হাতত
কোনো ধৰণৰ গোন্ধ অৱশিষ্ট নাথাকে৷ তাৰ পাছত চাবোন, ছাই অথবা পৰিষ্কাৰ মাটিৰে হাত পৰিষ্কাৰ কৰি
পৰিষ্কাৰ কাপোৰৰ দ্বাৰা মচি ল'ব লাগে। কাপোৰৰ নাথাকিলে বাৰে বাৰে হাতৰ দ্বাৰা হাত মচিব লাগে।
নবী(ছাঃ)এ ইন্তিঞ্জাৰ কাৰণে তিনিটা মাটিৰ চপৰা ব্যৱহাৰ
কৰিছিল। নবী(ছাঃ)ৰ ছুন্নাতৰ মাজত বহুবিধ বৈজ্ঞানিক আৰু চিকিৎসা সম্পৰ্কীয় উপকাৰিতা আছে।
আধুনিক বিজ্ঞানৰ গৱেষণা অনুসৰি মাটিৰ মাজত উপকাৰী গেছীয় মিশ্ৰণ আৰু উন্নত মানৰ
ৰোগ নিৰাময়ৰ উপাদান বিদ্যমান থকাটো প্রমাণিত হৈছে।
ইন্তিঞ্জাৰ কাৰণে মাটিৰ চপৰা ব্যৱহাৰ সম্পৰ্কে ডাঃ হালুকে
গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ কৈছে- মুছলমানসকলে পবিত্র হোৱাৰ কাৰণে মাটিৰ চপৰা
ব্যৱহাৰ কৰে। এই বিষয়ে বৈজ্ঞানিক বিশ্লেষণকাৰীসকল উদ্বিগ্ন আছিল। কিন্তু সম্প্রতি
মাটিৰ সকলো অংশ বীজাণু ধ্বংসকাৰী বুলি প্ৰমাণিত হৈছে। মাটিৰ চপৰা
ব্যৱহাৰৰ ফলত গোপন অংগসমূহৰ ওপৰত লাগি থকা বীজাণু ধ্বংস হৈ যায়। গৱেষণাৰ দ্বাৰা এইটোও প্রমাণিত
হৈছে যে, মাটিৰ ব্যৱহাৰে
লজ্জাস্থানক মাৰাত্মক কেন্সাৰৰপৰা ৰক্ষা কৰে। লজ্জাস্থানত ক্ষত হোৱা বহু ৰোগী
মাটিৰদ্বাৰা ইন্তিঞ্জা কৰি দ্ৰুত আৰোগ্য লাভ কৰা পৰিলক্ষিত হৈছে।
ডাঃ ডিউভাল পলে তেওঁৰ স্বাস্থ্যবিধি নামৰ গ্ৰন্থত লেখিছে-
মানৱতাৰ স্থায়িত্বও মাটিত আৰু ধ্বংসও মাটিত। যেতিয়াৰপৰা
মানুহে মাটিৰ ওপৰত শৌচ পেচাৱ কৰিবলৈ এৰি ফ্লাচ, কমোড আৰু ডব্লিউ চিৰ ব্যৱহাৰ আৰম্ভ কৰিছে, তেতিয়াৰপৰা
পুৰুষৰ মাজত জাতিগত দুর্বলতা আৰু স্টোন (পাথৰ)ৰ প্ৰভাৱ বৃদ্ধি হৈ আছে।
ইন্তিঞ্জাৰ ক্ষেত্ৰত জন মিল্টনৰ বক্তব্য হ'ল- ইছলাম এনেকুৱা
পবিত্ৰ আৰু পৰিচ্ছন্নতাৰ ধৰ্ম যে, সকলো ধৰ্মই ইছলামৰ পৰা নিজৰ পবিত্ৰতাৰ শিক্ষা
গ্ৰহণ কৰে। ইছলামৰ ইন্তিঞ্জাৰ পন্থাও অতুলনীয়। ইন্তিঞ্জা কৰিলে দেহত বৰ্জিত
বস্তুৰ অণু পৰিমাণো অৱশিষ্ট নাথাকে।
শৰীৰক যদি পানী ব্যতিৰেকে পৰিষ্কাৰ কৰা হয়, তেনেহ'লে অভিজ্ঞতাৰ
দ্বাৰা এইটো প্রতিষ্ঠিত হৈছে যে, শৰীৰ সম্পূৰ্ণ অংশ কেতিয়াও পৰিষ্কাৰ নহয়, বৰং শৰীৰ বিভিন্ন
ৰোগৰ বাহক হৈ পৰে। ইন্তিঞ্জাৰ পাছত পানী ব্যৱহাৰ কৰাৰ ফলত লজ্জাস্থানৰ উষ্ণতাৰ
মাত্রা স্বাভাৱিক হয়, যাৰ ফলত পাইলছ্
ইত্যাদি হ’ব নোৱাৰে। পবিত্ৰ
হোৱাৰ কাৰণে পানীৰ পৰিৱৰ্ত্তে টয়লেট পেপাৰ ব্যৱহাৰ কৰিলে পায়খানা পেচাৱৰ
অংগসমূহৰ বাহিৰেও অন্যান্য অংগৰ উষ্ণতা বৃদ্ধি পায় আৰু ইয়াৰদ্বাৰা মানুহ বিভিন্ন ৰোগত
আক্ৰান্ত হয়।
ইউৰোপীয়ান ডাক্তাৰ কিনান ডিউচে সমগ্ৰ ইউৰোপীয়ান
সম্প্ৰদায়ক সম্বোধন কৰি কৈছে যে, যদি আপোনালোকে পায়খানাৰ স্থানক পানীৰ পৰিৱৰ্ত্তে
টয়লেট পেপাৰৰ জৰিয়তে পৰিষ্কাৰ কৰি থাকে তেনেহ'লে আপোনালোক অতি শীঘ্ৰেই তলত প্রদত্ত ৰোগৰ
কাৰণে প্ৰস্তুত থাকিব লাগিব- (১) লজ্জাস্থানৰ কেন্সাৰ (২) ভগন্দৰ অথবা ফিষ্টুলা (৩) ভাইৰাছ
জনিত ৰোগ আৰু (৪) ছালৰ ইনফেশ্বন।
স্বাস্থ্য আৰু জীৱন স্থায়িত্ব ও সুন্দৰ কৰাৰ কাৰণে (ইছলামৰ)
নবী(ছাঃ)ৰ পদ্ধতিতকৈ বেলেগ কোনো উত্তম পদ্ধতি নাই। নবী(ছাঃ)ৰ পদ্ধতিৰ ওপৰত আমল
(অভ্যাস) কৰিলে গেচ, বদহজম, পাইলছ্ আদি ৰোগ
বাস্তৱিকতে হ্রাস পায় আৰু বিশেষকৈ এইবোৰ ৰোগৰ মূলোৎপাটনো হয়।
( প্রকাশ- অগ্রদূত-
১৩ মে’/২০১১)
ইছলামৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিৰ্দ্দেশ বিজ্ঞান সন্মত ৷
শৰীৰত পিন্ধা কাপোৰত যাতে পেচাৱৰ ছিটিকনি নালাগে তাৰ প্ৰতি
ইছলাম সতৰ্ক কৰি দিছে। ইয়াৰ উপৰিও থিয় হৈ, খোজ কঢ়াৰ সময়ত, পানীত, ছাঁ দিয়া বৃক্ষৰ
তলত, বায়ুমূখী হৈ, গাঁতৰ ভিতৰত অথবা
গা ধোৱা ঘৰত পেচাৱ নকৰিবলৈ নিৰ্দ্দেশ দিছে ইছলাম। গোৱৰ অথবা হাড়ৰ জৰিয়তে
ইন্তিঞ্জা নকৰিবলৈও ইছলাম সাৱধান কৰি দিছে। ইছলামিক আদৰ্শত কোৱা হৈছে- পেচাৱৰপৰা
আত্মৰক্ষা কৰা, কিয়নো বেছিভাগ
ৰোগ পেচাৱৰপৰা আত্মৰক্ষা নকৰাৰ ফলত হয়। ইছলাম পবিত্রতা অর্জনৰ কাৰণে সোঁহাতেৰে
পানী ঢালি বাঁও হাতেৰে পৰিচ্ছন্নতা অৰ্জনৰ কাৰণে নিৰ্দ্দেশ দিছে। পায়খানা, পেচাৱৰ পাছত
চাবোন অথবা মাটিৰে হাত ধোৱাৰ লগতে পায়খানা পেচাৱৰ সময়ত পৰ্দাৰ প্ৰতিও
সতর্ক দৃষ্টি ৰখাৰ কাৰণে নিৰ্দ্দেশ দিছে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰণে ইছলামে
দিয়া নিৰ্দ্দেশ আৰু বাধা-নিষেধৰ মাজত বৈজ্ঞানিক উপকাৰিতা নিহিত হৈ আছে। ইছলাম পেচাৱৰ
ক্ষেত্ৰত যি বাধা-নিষেধ আৰোপ কৰিছে তাৰ প্ৰতি বৈজ্ঞানিকসকলে সমর্থন আগবঢ়াইছে।
প্ৰাচ্যৰ ডাক্তৰ আণ্ট মিলনে কৈছে, উৰুৰ ক্ষত, ফাংগাচ (কোনো ঘাঁৰ কাষেদি বাঢ়ি উঠা মঙহ), চৰ্মৰোগ, মৃগী, এলার্জি আদিত আক্ৰান্ত ৰোগী
যেতিয়া মোৰ ওচৰলৈ আহে, তেতিয়া মই
তেওঁলোকে পেচাৱৰপৰা আত্মৰক্ষা কৰে, নে নকৰে সেই বিষয়ে প্রশ্ন কৰো। তেতিয়া দেখা
যায়, তেওঁলোকৰ মাজৰ
বেছিভাগেই পেচাৱৰপৰা আত্মৰক্ষা নকৰে। ফলত তেওঁলোকে জটিল ৰোগ লৈ মোৰ ওচৰলৈ আহে। প্ৰকৃততে
লংপেণ্টৰ বুতাম বা চেইন খুলি পেচাৱ কৰাৰ পাছত ইন্তিঞ্জা নকৰাকৈ তৎক্ষণাৎ পেণ্টৰ
বুতাম বা চেইন লগাই লোৱাৰ ফলত পেচাৱৰ ফোটাবোৰ শৰীৰত পৰে যাৰ ফলত চৰ্মৰোগ অথবা
অন্যান্য ৰোগ সৃষ্টি হোৱাৰ সুযোগ পায়। নবী(ছাঃ)এ বল প্ৰয়োগ কৰি পেচাৱ বন্ধ কৰি ৰাখিবলৈ
নিষেধ কৰিছে। যদি ঘোঁৰাত আৰোহণ কৰা অৱস্থাত পেচাৱৰ চাপ পৰে তেনেহ'লে তৎক্ষণাৎ
ঘোঁৰাৰ পিঠিৰপৰা নামি পেচাৱ কৰাৰ কাৰণে নিৰ্দ্দেশ দিছে। যদি জামাতৰ
সময় হয় আৰু তেতিয়া যদি পেচাৱৰ হেঁচা পৰে তেনেহ'লে আগতে পেচাৱ কৰি তাৰ পাছত অজু কৰি
জামাতত অংশ গ্ৰহণ কৰিবলৈ নিৰ্দ্দেশ দিছে। পেচাৱক বাধাগ্রস্ত নকৰা আৰু সময়মতে
পেচাৱ কৰাৰ মাজত তলত দিয়া বৈজ্ঞানিক উপকাৰিতাসমূহ নিহিত হৈ আছে।
মেডিকেলৰ মূল নীতিয়ে পেচাৱ, পায়খানাক বাধাগ্রস্ত নকৰাৰ কাৰণে পৰামৰ্শ
দিছে। পেচাৱ বা পায়খানাৰ বেগ অহাৰ লগে লগে তাৰপৰা পবিত্রতা অর্জনৰ কাৰণে পৰামৰ্শ দিছে
মেডিকেলৰ মূলনীতিয়ে। অভিজ্ঞ ডাক্তাৰসকলে কয়, পেচাৱ পায়খানাক বাধাগ্রস্ত কৰিলে বহু বেমাৰ হয়, বিশেষকৈ
মস্তিষ্কৰ অধিক ক্ষতি হয়। লগতে পাকস্থলী আৰু স্নায়ুৰো ক্ষতি হয়। পেচাৱ
পায়খানাক বাধা দি ৰখাৰ ফলত কোনো কোনো সময়ত বমি, মূৰ ঘূৰণি আদিও হ'ব পাৰে। এইবোৰ
দেহৰ কাৰণে খুবেই ক্ষতিকাৰক। নবী(ছাঃ)এ বন্ধ পানীত পেচাৱ নকৰিবলৈ পৰামৰ্শ
দিছে। ইয়াৰো ডাক্তাৰী আৰু বৈজ্ঞানিক উপকাৰিতা আছে। খাল বিল পুখুৰীৰ বন্ধ পানীত
পেচাৱ, পায়খানা কৰিলে পানীত থকা বীজাণু
দেহৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ লগতে পানী দূষিত কৰে আৰু সেই পানী স্বাস্থ্যৰ কাৰণে
ক্ষতিকাৰক হৈ পৰে। যদি কোনো মানুহ বা জীৱ-জন্তুই সেই পানী পান কৰে
তেনেহ'লে ভালেমান
ব্যাধিৰ চিকাৰ হ'ব পাৰে। এই ধৰণৰ
পানী পান কৰাৰ ফলত ধ্বংসকাৰী ৰোগৰ বীজাণু যেনে- টাইফয়েড, ভাইৰাছজনিত জণ্ডিছ আৰু অন্ত্ৰত পেলুৰ কীটাণু
সৃষ্টি হ’ব পাৰে। ইয়াৰ
উপৰিও পেচাৱৰ ছিটিকনি গাত লাগি ৰোগ সৃষ্টি হ’ব পাৰে। বন্ধ পানীত পেচাৱ কৰাৰ ফলত পেচাৱৰ
ধাৰায়েদি ৰোগৰ বীজাণু উঠি আহি পেচাৱকাৰীক বিভিন্ন ধৰণৰ ৰোগত
আক্রান্ত কৰিব পাৰে। মানুহৰ ঘ্রাণ গ্ৰহণৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। চকুক
ৰোগাক্রান্ত কৰিব পাৰে আৰু মস্তিষ্কৰ ওপৰতো ঘোৰতৰ প্ৰভাৱ পৰিব পাৰে। এইবোৰ কাৰণতে
নবী(ছাঃ)এ পানীত পেচাৱ নকৰিবলৈ পৰামৰ্শ দিছে। যাতে এজন মানুহৰ কাৰণে কোনো প্রাণী অথবা
বেলেগ কোনো মানুহৰ কোনো ধৰণৰ কষ্ট নহয় আৰু ইছলামী সমাজ ব্যৱস্থাত মানুহ সদায়
স্বাস্থ্যৱান আৰু ৰোগ-ব্যাধিৰপৰা সুৰক্ষিত হৈ থাকিব পাৰে।
নবী(ছাঃ)এ প্রবাহিত পানীৰ ওপৰতো পেচাৱ পায়খানা নকৰিবলৈ
নিৰ্দ্দেশ দিছে। ইয়াৰ মাজতো চিকিৎসা সম্বন্ধীয় বৈজ্ঞানিক কাৰণ নিহিত হৈ আছে।
প্রবাহিত পানী যেনে- সাগৰ,
নদ-নদী, জান-জুৰি আদিৰ
পাৰত অগণন মানুহ বসবাস কৰে। ফলত অসংখ্য মানুহ আৰু প্রাণী এই পানীৰ
পৰা উপকৃত হয়। যদি বর্জ্য্যৰ কাৰণে এই সমূহ পানী ময়লাযুক্ত হয়, তেনেহ’লে লাহে লাহে
জীৱাণুৰ স্তুপ জমা হৈ ৰোগ বিয়পি পৰে। এই বীজাণুযুক্ত পানীৰদ্বাৰা এলাৰ্জি, ফোঁহা আদি হোৱাৰ
লগতে অন্যান্য ৰোগ বিয়পি পৰে। ইয়াৰ উপৰিও প্ৰবাহমান পানীত পেচাৱ কৰাৰ ফলত
দুর্গোন্ধ বিয়পি মস্তিষ্ক,
হাঁওফাঁওৰ
সীমাহীন ক্ষতি সাধন কৰিব পাৰে।
নবী (ছাঃ)এ মানুহ সমাগম হোৱা ঠাই আৰু ৰাস্তাৰ মাজত পেচাৱ
নকৰিবলৈ কঠোৰভাবে নিৰ্দ্দেশ কৰিছে। এই নিষেধাজ্ঞাৰ মাজত প্রকৃতিগত আৰু
চিকিৎসাজনিত উপকাৰিতা নিহিত হৈ আছে। ৰাস্তাৰ মাজত পেচাৱ কৰাৰ ফলত পৰিৱেশত পেচাৱৰ
গোন্ধ আৰু বীজাণু বিয়পি পৰে আৰু বতাহৰ মাধ্যমত সেই বীজাণু বাটৰুৱাৰ দেহত প্ৰৱেশ কৰি
শ্বাস-প্রশ্বাসৰ সমস্যা সৃষ্টি কৰে। ইয়াৰ উপৰিও পেচাৱৰ গোন্ধ ও বীজাণুই হৃদৰোগ, পেটৰ বেমাৰ আদি
সৃষ্টি কৰিব পাৰে।
নবী(ছাঃ)এ ছাঁ দিয়া বৃক্ষ ও ফলন্ত বৃক্ষৰ তলত পেচাৱ
নকৰিবলৈ নিৰ্দ্দেশ দিছে। ইয়াৰো প্ৰাকৃতিক, চিকিৎসাগত আৰু বৈজ্ঞানিক উপকাৰিতা আছে।
ছাঁ দিয়া বৃক্ষ মানুহৰ থিয় হোৱা আৰু বিশ্ৰামৰ স্থান। ফলত তাত পেচাৱ, পায়খানা কৰাটো চূড়ান্ত
ধৰণৰ অন্যায় আৰু ইয়াৰপৰা পৰিৱেশত নিঃসন্দেহে বেয়া প্ৰভাৱ পৰে। তদুপৰি ইয়াৰ ফলত বৃক্ষৰ তলত
উপৱেশনকাৰী বিভিন্ন ৰোগৰ চিকাৰ হ'ব পাৰে। ফলন্ত বৃক্ষৰপৰা ফল আহৰণ কৰাৰ লগতে তাৰ ছাঁত বহি
মানুহে বিশ্রাম লয় আৰু কেতিয়াবা তাৰ তলত বহি ফলো খায়। যদি গছৰ তলত পেচাৱ, পায়খানা কৰা হয়, তাত বহি ফল খোৱা
আৰু জিৰণি লোৱাত অসুবিধা হয়। ফলত মানুহে কষ্ট পায়। ইয়াৰ উপৰিও ফলন্ত বৃক্ষৰপৰা স্বতঃস্ফূর্তভাবে
ফল সৰি পৰে। যদি ফলন্ত বৃক্ষৰ তলত পেচাৱ-পায়খানা ত্যাগ কৰা হয় তেনেহলে সৰি পৰা
ফল ময়লাৰ মাজত পৰিব পাৰে। তেতিয়া সেই ফল নিশ্চয় খোৱাৰ উপযোগী হৈ
নাথাকিব আৰু সেই ফল খালে ৰোগাক্রান্ত হোৱাটোও এক প্ৰকাৰ নিশ্চিত।
ইছলাম বতাহৰ ফালে মুখ কৰি বহিও পেচাৱ-পায়খানা ত্যাগ
নকৰিবলৈ নিৰ্দ্দেশ দিছে। ইয়াৰ মাজতো চিকিৎসাজনিত উপকাৰিতা নিহিত হৈ আছে। বতাহমুখী
হৈ পেচাৱ কৰিলে পেচাৱৰ ছিটিকনি শৰীৰ বা কাপোৰত লাগি শৰীৰ আৰু কাপোৰ নাপাক(অপবিত্ৰ)
হ'ব পাৰে। ইয়াৰ ফলত পেচাৱৰ
বীজাণু মানৱ দেহত প্ৰৱেশ কৰি এলাৰ্জি, ফোঁহাৰ আদিৰ লগতে তেজ প্ৰদূষণ হৈ চৰ্মৰোগ
সৃষ্টি হ’ব পাৰে। যদি
বতাহৰ দ্বাৰা পেচাৱৰ ছিটিকনি আহি মুখ, চকু বা নাকত প্ৰৱেশ কৰে তেনেহ'লে চকুৰ বেমাৰ, ক্ষত আদি সৃষ্টি
হ’ব পাৰে। এনেকি
মুখৰ ৰোগ, মাড়িৰ পূঁজ আৰু দাঁতৰ বেমাৰো
হ'ব পাৰে। জিভাও
বেয়া ধৰণে প্ৰভাৱিত হ’ব পাৰে।
নবী (ছাঃ)এ কৈছে- তোমালোকৰ মাজৰপৰা কোনেও গাঁতৰ ভিতৰত পেচাৱ
নকৰিবা। ইয়াৰ মাজতো বৈজ্ঞানিক আৰু চিকিৎসাগত উপকাৰিতা নিহিত
হৈ আছে। বিষাক্ত প্ৰাণীৰ গাঁতত পেচাৱ কৰিলে সেই বিষাক্ত প্রাণী গাঁতৰপৰা ওলাই
ক্ষতি সাধন কৰাৰ প্ৰৱল সম্ভাৱনা থাকে। কিছুমান গাঁত নিজে নিজেই সৃষ্টি হয় আৰু
তাৰ ভিতৰত এচিড আৰু নাইট্ৰ'জেন জমা হৈ থাকে।
পেচাৱ নিজেই এক প্ৰকাৰ এচিড, গতিকে পেচাৱ বেলেগ এচিডৰ লগত বিক্রিয়া তথা ব্লাষ্ট হৈ মানৱ দেহৰ ক্ষতি সাধন
কৰিব পাৰে।
নবী (ছাঃ)এ গা ধোৱা স্থানতো পেচাব নকৰিবলৈ নিৰ্দ্দেশ দিছে।
কাৰণ ইয়াৰ দ্বাৰা মানৱ দেহত ক্ষতিকাৰক প্ৰভাৱ পৰে। বিজ্ঞ ব্যক্তিসকলেও কয় যে, গা ধোৱা স্থানত
পেচাৱ কৰা উচিত নহয়। কিয়নো ইয়াৰদ্বাৰা জ্ঞান আৰু মেধাৰ ওপৰত প্ৰভাৱ পৰে আৰু
মেধা শক্তি হ্রাসপ্রাপ্ত হয়। মেধাশক্তি দুর্বল হ’লে মানুহৰ
ভাল-বেয়া বিচাৰ কৰাৰ শক্তি লোপ পায়। ফলত মানুহ চয়তানৰ কু-মন্ত্ৰণাত পৰে আৰু
ৰোগাক্রান্ত হয়। বিজ্ঞান আৰু স্বাস্থ্য নামৰ এটি আলোচনীত বর্ণিত আছে যে, গাধোৱা স্থানত
পেচাৱ কৰিলে যৌন ৰোগ বৃদ্ধি হয় আৰু ইয়াৰদ্বাৰা সামাজিক জীৱন প্ৰভাৱিত হয়।
মানুহ শ্বাসৰোগত আক্রান্ত হয় আৰু মূত্রাশয়ত পাথৰ সৃষ্টি হয়। ইয়াৰ উপৰিও গা
ধোৱা স্থানত পেচাৱ কৰাৰ ফলত আৰু অধিক বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ আশংকা বিদ্যমান।
নবী (ছাঃ)এ থিয় হৈ পেচাৱ নকৰিবলৈ নিৰ্দ্দেশ দিছে। থিয় হৈ
পেচাৱ কৰাৰ ফলত মঙহ গ্ৰন্থিৰ ওপৰত বেয়া প্ৰভাৱ পৰে। যাৰ ফলত পেচাৱ বন্ধ
হৈ যাব পাৰে। পেচাৱ বন্ধ হ’লে বিভিন্ন ৰোগ
সৃষ্টি হ’ব পাৰে।
নবী(ছাঃ)এ গোৱৰ বা অস্থিৰ দ্বাৰা ইন্তিঞ্জা কৰা নিষেধ কৰিছে। গোৱৰৰ
মাজত অগণন বীজাণু থাকে। গোৱৰৰ মাজত টিটেনাচ আৰু টাইফয়েডৰ বীজাণু প্ৰচুৰ পৰিমাণে নিহিত
হৈ থাকে। গতিকে গোৱৰৰ দ্বাৰা ইন্তিঞ্জা কৰিলে খজুৱতি, ফোঁহা এনেকি গুপ্তাংগৰ কেন্সাৰ পৰ্যন্ত হ’ব পাৰে।
মঙহ খোৱৰ পাছত অস্থি অর্থাৎ হাড় পেলাই দিয়া হয়। হাড়ৰ
মাজত অৱশিষ্ট থকা মঙহ কুকুৰ মেকুৰী আদি প্ৰাণীয়ে ভক্ষণ কৰে। কোনো কোনো
প্রাণীৰ লালটিৰ মাজত প্ৰচুৰ পৰিমাণে বীজাণু থাকে। ফলত ভক্ষণকৃত হাড়ৰ মাজত সেই
বীজাণু সংক্রমিত হয়। ইয়াৰ উপৰিও হাড়ৰ ওপৰত মাটি, ধূলি-বালি জমা
হয়। এই ধৰণৰ ধূলি-বালিৰ মাজতো প্ৰচুৰ পৰিমাণে বীজাণু থাকে। তদুপৰি কুকুৰৰ লালটিৰ মাজত প্ৰচুৰ
পৰিমাণে বিশেষ ধৰণৰ প্ৰাণনাশক মাত্মক বীজাণু থাকে। গতিকে হাড়ৰ দ্বাৰা ইন্তিঞ্জা
কৰিলে কুকুৰৰ বিশেষ বীজাণুৰ লগতে অন্যান্য বীজাণু দেহত প্ৰৱেশ কৰি প্ৰাণনাশ কৰিব
পাৰে। তেজ প্ৰদূষণ হৈ হাৰ্ট আৰু পাকস্থলীৰ বেমাৰ হ’ব পাৰে। তদুপৰি খহটা হাড়ৰ দ্বাৰা মানৱ দেহত ক্ষতৰো
সৃষ্টি হ'ব পাৰে।
পায়খানা পেচাৱৰ সময়ত কেবলাৰ ফালে মুখ অথবা পিঠি দি নবহাৰ
মাজতো বৈজ্ঞানিক আৰু চিকিৎসাগত উপকাৰিতা নিহিত হৈ আছে। ডাঃ ডাবিন, ডাঃ লিডবীৰ আৰু
ডাঃ আলেকজেণ্ডাৰৰ বিশ্লেষণ অনুসৰি সৃষ্টিতত্ত্বৰ এক প্ৰকাৰ ৰশ্মি মানৱ দেহৰ কাৰণে
উপকাৰী। সেই ৰশ্মি কাবাৰ চৰিওফালৰপৰা বিকিৰণ হয় আৰু তাৰ ধনাত্মক ৰশ্মি পৃথিবীত বিয়পি
পৰে। পক্ষান্তৰে পেচাৱ পায়খানাৰ পৰা ঋণাত্মক ৰশ্মি বিকিৰণ
হয়। ফলত ঋণাত্মক ৰশ্মি কাবাৰ ফালে নিক্ষেপ কৰিলে উভয় ৰশ্মিৰ মাজত বিক্ৰিয়া হৈ
মানুহৰ কাৰণে ক্ষতিৰ কাৰক হয়। বিখ্যাত পেৰাচাইক’লজিষ্ট ডাঃ কামিৰ
বীমে পৰীক্ষা-নিৰীক্ষা কৰি উদ্ভাৱন কৰিছে যে, কাবাৰ ফালৰ পৰা ধাৰাবাহিকভাবে ধনাত্মক ৰশ্মি বিকিৰণ হৈ সমগ্র
সৃষ্টি জগতৰ ওপৰত বিয়পি পৰে। ফলত সেই ধনাত্মক ৰশ্মি নিৰ্গত হোৱা দিশত থু-খেকাৰ, পেচাৱ-পায়খানা
নিক্ষেপ কৰিলে ক্ষতিৰ কাৰণ হয়। নবী (ছাঃ)এ বৰ্ণণা কৰিছে, পবিত্রতা অর্জনৰ
কাৰণে সোঁহাতৰ দ্বাৰা পানী ঢালি বাওঁ হাতেৰে পৰিষ্কাৰ কৰিবা, সাৱধান
ইন্তিঞ্জাৰ কাৰণে ভুলতো সোঁহাত ব্যৱহাৰ নকৰিবা। পেচাৱ পায়খানা কৰিবলৈ গ'লে সোঁহাতৰ
দ্বাৰা লজ্জাস্থান স্পৰ্শ নকৰিবা। (ছহী বুখাৰী, খণ্ড-১)। নবী (ছা)ৰ এই বাণীৰ মাজতো প্রাকৃতিক, চিকিৎসাগত আৰু
বৈজ্ঞানিক উপকাৰিতা নিহিত হৈ আছে। সোঁহাতৰ পৰা ধনাত্মক আৰু
বাওঁহাতৰ পৰা ঋণাত্মক ৰশ্মি বিকিৰণ হয়। ইন্তিঞ্জাৰ সময়ত সোঁহাত ব্যৱহাৰ কৰিলে
ৰশ্মিৰ শৃংখলা ক্ষতিগ্রস্ত হয়। ফলত ইয়াৰ প্ৰভাৱ মস্তিষ্ক আৰু ৰাজহাড়ৰ মজ্জাৰ ওপৰত পৰে।
ইয়াৰ উপৰিও সোঁহাতৰদ্বাৰা আহাৰ গ্ৰহণ কৰা হয়। গতিকে সোঁহাতৰ দ্বাৰা ইন্তিঞ্জা কৰিলে আহাৰ
গ্ৰহণৰ সময়ত দুর্গোন্ধ বিয়পি পৰিব পাৰে।
নবী(ছাঃ)এ পেচাৱ, পায়খানাৰ পাছত সদায় মাটিত হাত ঘঁহি ধুইছিল।
ইয়াৰ মাজতো প্ৰচুৰ বৈজ্ঞানিক উপকাৰিতা আছে। আমি খালী হাতেৰে বিভিন্ন
সময়ত বিভিন্ন বস্তু স্পৰ্শ কৰিব লগা হয়। ফলত বিভিন্ন প্ৰকাৰৰ ৰোগৰ বীজাণু অথবা
বিভিন্ন প্ৰকাৰৰ কেমিকেল (ৰাসায়নিক পদাৰ্থ) হাতত লাগি ধৰি হাত ময়লাযুক্ত কৰি
তোলে। হাত নুধোৱাকৈ যদি সেই হাতেৰে আহাৰ গ্ৰহণ কৰা হয় অথবা খাদ্যবস্তু স্পৰ্শ কৰা
হয়, নাইবা কুলকুলিয়া
কৰা হয় অথবা নাকত পানী দিয়া হয় তেনেহ'লে হাতত লাগি থকা বীজাণু অতি সহজে মুখ আৰু নাকৰ
দ্বাৰা দেহৰ অভ্যন্তৰত প্ৰৱেশ কৰি মানুহক ৰোগাক্রান্ত কৰিব পাৰে। মাটিৰ মাজত উপকাৰী গেছীয়
মিশ্ৰণ আৰু বীজাণু ধ্বংসকাৰী উপাদান আছে। সেয়ে ইছলাম মাটিৰে হাত পৰিষ্কাৰ কৰি পানীৰে
পখলোৱাৰ কাৰণে নিৰ্দ্দেশ দিছে, যাতে কোনো ধৰণৰ বীজাণু দেহৰ অভ্যন্তৰত প্ৰৱেশ কৰিব নোৱাৰে।
তদুপৰি ঘঁহি-মাজি হাত ধোৱাৰ সময়ত হাতৰ আঙুলিৰ মাজৰপৰা ধনাত্মক ৰশ্মি বিকিৰণ হৈ এক
প্ৰকাৰ বৃত্ত তৈয়াৰ কৰে। ফলত মানুহৰ দেহাভ্যন্তৰৰ বিদ্যুৎ শৃংখলাৰ পৰিসৰ
বৃদ্ধি হয় আৰু সেই বিদ্যুৎ ৰশ্মি এটা সময়ত হাতৰ মাজলৈ প্ৰবাহিত হয়। যাৰ দ্বাৰা
হাত পৰিষ্কাৰ হয়।
সঠিক পদ্ধতিত হাত ধোৱাৰ ফলত আঙুলিৰ মাজত এক বিশেষ প্ৰকাৰৰ শক্তি সৃষ্টি হয়। যাৰ
জৰিয়তে মানুহৰ মাজত চাৰিত্ৰিক সংশোধন আৰু সুপ্ত প্রতিভা বিকশিত কৰা শক্তি
উৎপন্ন হয়।
প্রথমে মাটিৰে হাত ঘঁহি তাৰ পাছত পানীৰে হাত ধোৱাৰ অভ্যাস
আছিল নবী(ছাঃ)ৰ। মাটি অথবা চাবোনেৰে হাত ঘঁহি লোৱাৰ পাছত পানীৰে হাত ধৌত
কৰি পৰিষ্কাৰ হৈ লোৱাটো সেয়ে গুৰুত্বপূৰ্ণ চুন্নাত। বৈজ্ঞানিক বিশ্লেষণৰ দ্বাৰা
মাটি উচ্চপর্যায়ৰ ‘এণ্টিছেপটিক’ বুলি প্রমাণিত হৈছে।
এনেকি কুকুৰৰ মাৰাত্মক বীজাণু ধ্বংশ কৰাৰো ক্ষমতা আছে মাটিৰ। চৈধ্যশ বছৰ আগতে
নবী(ছাঃ)এ মাটিৰ এই গুণৰ কথা উপলব্ধি কৰিব পাৰি পবিত্ৰ হোৱাৰ কাৰণে মাটি
ব্যৱহাৰ কৰিছিল। ইছলামৰ কাৰণে ই সঁচাকৈয়ে অতি গৌৰৱৰ বিষয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পর্কে ইছলামে
দিয়া নিৰ্দ্দেশ যথাযথ পালন কৰিব পাৰিলে ৰোগমুক্ত সুস্থ জীৱন যাপন কৰা সম্ভৱ।
(প্রকাশ-
অগ্রদূত-০৩-৬-২০১১)
ইছলামিক আদৰ্শত স্ত্ৰীৰ
মৰ্যদা
ইছলাম নাৰীৰ মৰ্যদা আৰু অধিকাৰ সম্পৰ্কে সচেতন। ধর্মীয়ভাবে
কিছুমান আদেশ-নিষেধৰ জৰিয়তে ইছলাম নাৰীৰ মান-মৰ্যদা আৰু অধিকাৰৰ কথা
ঘোষণা কৰিছে। তাৰ ভিতৰত নিজৰ স্ত্ৰীক মৰম-চেনেহ কৰা, স্ত্ৰীৰ মান-মৰ্যদা হানিকৰ কোনো বাক্য প্রয়োগ
নকৰা আৰু ভৰণ-পোষণ কৰা আদিয়ে প্রধান। আল্লাহই পবিত্র কোৰআনত ঘোষণা কৰিছে- তোমালোকে
স্ত্ৰীসকলৰ লগত মধুৰ জীৱন যাপন কৰিবা। নবী (ছাঃ)এ কৈছে- স্বামী-স্ত্ৰীয়ে যেতিয়া
পৰষ্পৰৰ লগত প্ৰেমপূৰ্ণ দৃষ্টি বিনিময় কৰে তেতিয়া আল্লাহই উভয়ৰ প্ৰতি কৰুণাৰ
দৃষ্টি নিক্ষেপ কৰে। স্বামী-স্ত্ৰীয়ে পৰষ্পৰৰ হাত ধাৰণ কৰিলে সিহঁতৰ আঙুলিৰ ফাঁকেৰে পাপবোৰ
সৰি পৰে। বেলেগ এক হাদীছত আছে- স্ত্ৰীৰ অধিকাৰ সম্পর্কে
তোমালোকে শংকা ভয় কৰা, কিয়নো
স্ত্রীসকলক তোমালোকে আল্লাহৰ দান হিচাপে গ্ৰহণ কৰিছা আৰু আল্লাহৰ সম্পর্কযুক্ত খুৎবাৰদ্বাৰা
সিহঁতক বৈধ কৰি লৈছা। নবী (ছাঃ)এ আৰু ঘোষণা কৰিছে যে, তোমোলোকৰ মাজৰপৰা
যিসকলৰ স্ত্ৰীৰ লগত সম্বন্ধ ভাল, ইছলামৰ লগতো সিহঁতৰ সম্বন্ধ ভাল। এবাৰ এজন চাহাবীয়ে নবী (ছাঃ)ক সুধিছিল, মোৰ ওচৰত স্ত্ৰীৰ
প্ৰাপ্য কি ? নবী (ছাঃ)এ
কৈছিল- তুমি যেতিয়া খাবা, তেতিয়া স্ত্রীকো
খুৱাৱা, তুমি কাপোৰ
পৰিধান কৰিলে, স্ত্রীকো কাপোৰ
পৰিধান কৰিবলৈ দিবা। স্ত্ৰীৰ মুখমণ্ডলত কেতিয়াও আঘাত বা প্ৰহাৰ
নকৰিবা। স্ত্ৰীৰ লগত বিৰক্তিকৰ ব্যৱহাৰ নকৰিবা আৰু সিহঁতৰ দোষ-ত্রুটি খুচৰি বাহিৰ
নকৰিবা। যদি ইছলামী আদব- কায়দা শিক্ষা দিয়াৰ প্ৰয়োজনত সাময়িকভাবে
স্ত্ৰীৰ সংগ ত্যাগ কৰিবলগীয়া হয়, তেনেহ'লে ঘৰৰ ভিতৰত ৰাখিয়ে সেয়া কৰিবা।
আমাৰ সমাজত স্ত্ৰীয়ে সামান্য দোষ কৰিলেই স্ত্ৰীক প্ৰহাৰ বা
কটুবাক্য প্রয়োগ নাইবা মানসিকভাবে বিপর্যস্ত কৰা দোখা যায়। এই বিষয়ে নবী (ছাঃ) এ
কৈছে- স্ত্ৰীয়ে অন্যায় কৰিলে যিজনে ধৈর্য ধাৰণ কৰিব আল্লাহই তাক সিমানখিনি পূণ্য
দান কৰিব, যিমানখিনি পূণ্য
ৰোগভোগ আৰু দুখ-কষ্টত
ধৈর্য ধাৰণ কৰাৰ কাৰণে হজৰত আইয়ুব (আঃ)ক দান কৰিছিল। ইয়াকো ঘোষণা কৰিছে যে, স্বামীয়ে
অন্যায় কৰিলে যিজনী স্ত্ৰীয়ে ধৈর্য ধাৰণ কৰিব, তাই বিবি ৰহিমাৰ
সমান পূণ্য লাভ কৰিব। বেলেগ এক হাদীছত উল্লেখ আছে, স্ত্ৰীৰ কটু বাক্য শুনিও যিজনে ধৈর্য ধাৰণ কৰিব, সেইজন ব্যক্তিয়ে
এহাজাৰ ছহিদ পূণ্য লাভ কৰিব। তাৰ কবৰৰ সংকীর্ণতা আৰু অন্ধকাৰ আঁতৰ হ’ব।
প্রকৃতিক কাৰণত নাৰী ঋতুমতী হয়, ইয়াত নাৰীৰ কোনো
হাত নাই। অথচ কোনো কোনো ধর্মীয় আদৰ্শত ঋতুমতী অৱস্থাত নাৰীক স্পৰ্শ কৰা নিষেধ।
সিহঁতক ৰন্ধা-বঢ়া কৰিবলৈ দিয়া নহয় নাইবা সিহঁতৰ হাতেৰে খোৱাও নহয়। এনেকি
সিহঁতক বেলেগ ঘৰত আছুতীয়াভাবে ৰখাও দেখা যায়। অর্থাৎ নাৰীয়ে অশৌচ ব্রত পালন
কৰিবলগা হয়। ইছলাম ঋতুমতী নাৰীৰ প্ৰতি কৰা এনেকুৱা আচৰণক এক প্ৰকাৰ নির্যাতন বুলি
বিবেচনা কৰে আৰু সমাজৰপৰা ইয়াক নির্মূল কৰাৰ কথা ঘোষণা কৰিছে। ইছলাম ঋতুমতী নাৰীৰ
নামাজ আৰু ৰোজা মাফ কৰি দিলেও অস্পৃশ্য কৰি ৰখাৰ পক্ষপাতী নহয়।
ইছলাম ঋতুমতী অৱস্থাত নাৰীক ৰন্ধা-বঢ়া, খোৱা-বোৱা কৰোৱা, স্বামীক স্পৰ্শ কৰা, এনেকি একেখন
বিছনাত সংগমহীনভাবে শয়ন কৰাৰো অধিকাৰ প্ৰদান কৰিছে। এক হাদিছত আছে, নবী (ছাঃ)ৰ পত্নী
আয়েচা(ৰাঃ)ই কৈছে, ঋতুমতী অৱস্থাতো
মই পানীয় পান কৰিলে, মই য’ত মুখ লগাই পানী
পান কৰিছো হুজুৰ(ছাঃ) এ ত’তেই মুখ লগাই
পানীয় পান কৰিছে। মই দাঁতেৰে মঙহ চিঙি খোৱাৰ পাছত হুজুৰ (ছাঃ) ক
দিছো আৰু তেওঁ মোৰ মুখ স্পর্শিত স্থানত মুখ লগাই মঙহ চিঙি খাইছে। এনেকুৱা প্ৰেমৰ নিদর্শন বিশ্বত
বিৰল।
ইছলামিক ধর্মমতে এজন পুৰুষক একেলগে চাৰ্জিনী স্ত্রী গ্ৰহণ
কৰাৰ অধিকাৰ প্ৰদান কৰিছে। ইছলামৰ এই প্ৰথাক বহুতে ঘৃণাৰ চকুৰে চোৱা দেখা যায়।
একাধিক বিবাহ কৰোৱাটো ইছলামে এনেকুৱা কিছুমান চর্ত সাপেক্ষে অনুমোদন কৰিছে, যাতে বহু কম
লোকেহে একাধিক বিবাহ কৰাবলৈ সাহস গোটাব পাৰে। কোৰআনত কৈছে- যদি একাধিক স্ত্ৰীৰ লগত
আদান-প্রদান বা নিশা যাপন কৰিবলৈ ভয় কৰা, ন্যায় বিচাৰ কৰিব নোৱাৰা তেনেহ'লে এটি বিবাহেই
কৰিবা। ইছলামে একান্ত প্রয়োজনত চৰ্ত সাপেক্ষেহে একাধিক বিবাহৰ অনুমতি দিছে। প্রয়োজন বহু
ধৰণৰ হ’ব পাৰে। যেনে-
যাৰ যৌন প্রয়োজন অধিক আৰু এজনী স্ত্ৰীয়ে সেই অভাৱ পূৰ্ণ কৰিব নোৱাৰিলে অথবা
স্ত্রী চিৰৰুগীয়া হোৱাৰ
কাৰণে স্বামীৰ যৌন ক্ষুধা নিবাৰণ কৰিবলৈ অক্ষম হ’লে প্রথমা স্ত্ৰীৰ অনুমতি সাপেক্ষে একাধিক বিবাহৰ
অনুমতি প্রদান কৰিছে ইছলাম। অৰ্থাৎ ইছলাম চৰিত্ৰৰ নিষ্কলুষতাৰ কাৰণেহে একাধিক বিবাহৰ অনুমতি
প্রদান কৰিছে। কিন্তু আমাৰ সমাজত ধন-সম্পত্তি থকা ব্যক্তি এজনে
বিনাপ্রয়োজনতো একাধিক বিবাহ কৰোৱা দেখা যায়। এনেকুৱা বিবাহই সমাজ জীৱনত খুবেই
নেতিবাচক প্ৰভাৱ পেলায় আৰু বেলেগ ধৰ্মৰ মানুহেও ইয়াক অৱজ্ঞাৰ
দৃষ্টিৰে চায়। সেয়ে বিনাপ্ৰয়োজনত একাধিক বিবাহ কৰোৱাৰপৰা বিৰত থকাটো খুবেই
জৰুৰী।
দাম্পত্য জীৱনত খাপ খুৱাই চলিব নোৱাৰিলে নাৰীৰ মুক্তিৰ
কাৰণে ইছলাম তালাকৰ ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত পুৰুষক প্ৰত্যক্ষ আৰু নাৰীক পৰোক্ষভাবে
তালাকৰ অধিকাৰ প্ৰদান কৰিছে, যাতে উভয়েই পুনৰ বিবাহ কৰি সুন্দৰ জীৱন যাপন কৰিব পাৰে।
প্রথম স্বামী বা প্রথমা স্ত্ৰীক লৈ সংসাৰ কৰিবলৈ সক্ষম নোহোৱা বহুতেই
দ্বিতীয়া স্ত্রী বা স্বামীকলৈ সুখৰ সংসাৰ কৰা দেখা যায়। তালাকৰ ব্যৱস্থা
নাথাকিলে দুটি জীৱনেই চৰম যন্ত্ৰণাত জ্বলি-পুৰি ছাৰখাৰ হৈ গ'লহেঁতেন। সেয়ে ঘৃণিত ব্যৱস্থা হ'লেও ইছলাম তালাকৰ
বিধান দি নাৰীক চৰম নিৰ্যাতনৰপৰা ৰক্ষা কৰিছে।
সম্প্ৰতি যৌতুকৰ কাৰণে স্ত্ৰীক শাৰীৰিক, মানসিক নির্যাতন
চলোৱাৰ লগতে কেতিয়াবা হত্যা পর্যন্ত কৰা দেখা যায়। ইছলামী আদর্শই যৌতুক সমৰ্থন
কৰাতো দূৰৰে কথা পক্ষান্তৰে স্ত্ৰীক দেন মোহৰ আৰু স্বামীৰ ধন-সম্পত্তিৰ ওপৰত
স্বতন্ত্রতা প্ৰদান কৰিছে। দেন মোহৰ হ’ল স্ত্ৰীৰ নিৰাপত্তা। স্বামীৰ অবর্তমান বা
বর্তমানে যাতে স্ত্ৰীয়ে নিজৰ প্ৰয়োজন পূৰ্ণ কৰিব পাৰে তাৰবাবেই ইছলাম এই
দেন-মোহৰৰ ব্যৱস্থা কৰিছে। কিন্তু বহুতেই দেন-মোহৰ ধার্য কৰি সেয়া
আদায় নিদিয়াৰ ঘৃণণীয় প্ৰৱণতাৰ বিষয়ে নবী (ছাঃ) এ কৈছে- কমেই হওঁক বা বেছিয়ে হওঁক যিজন মানুহে
দেন-মোহৰ ধার্য কৰি বিবাহ কৰালে কিন্তু প্রকৃতপক্ষে তাৰ অন্তৰত মোহৰ আদায় দিয়াৰ
ইচ্ছা নাছিল আৰু মোহৰ আদায় নিদিয়াকৈ স্ত্রীক প্ৰতাৰণা কৰি
মৃত্যুবৰণ কৰিলে কিয়ামতৰ দিনা সেইজন মানুহ জ্বেনাকাৰী ব্যভিচাৰীৰূপে আল্লাহৰ লগত
সাক্ষাৎ কৰিব। স্ত্ৰীৰ অধিকাৰ সাৱ্যস্ত কৰিবলৈ ইছলাম এনেকুৱা কঠোৰ নিৰ্দেশ দিবলৈ
কুণ্ঠাবোধ কৰা নাই। সেয়ে আল্লাহই কোৰআনত ঘোষণা কৰিছে, পুৰুষৰ যিদৰে
তিৰোতাৰ ওপৰত অধিকাৰ আছে,
তেনেকৈ
স্ত্ৰীসকলৰো ন্যায়মতে পুৰুষৰ ওপৰত অধিকাৰ আছে। (ছুৰা বাকৰাঃ
ইছলামৰ আদেশ ও নির্দেশ যথাযথ পালন কৰিলে দাম্পত্য জীৱন সুখী
হোৱাটো নিশ্চিত।
(দৈনিক অগ্রদূত, তাং-১৭-১২-২০১০ইং)
ইছলামী আদৰ্শত
পীৰ প্ৰথা
ইছলামী আদৰ্শত বহু যুগ আগৰেপৰা পীৰ প্ৰথা নামৰ এক ধৰণৰ
মনেসজা পৰম্পৰা প্ৰচলিত হৈ আছে। অনভিজ্ঞ আৰু শিক্ষা-দীক্ষাত পিছপৰা এক শ্রেণী
লোকৰ মাজত এই প্রথা খুবেই জনপ্রিয়। এই পীৰ প্ৰথা হজৰত মহম্মদ (ছাঃ)ৰ দিনত নাছিল
নাইবা কোৰআন হাদীছৰ ক’তো এই পীৰ প্ৰথাৰ উল্লেখ নাই। অথচ সাম্প্ৰতিক
কালত অশিক্ষিত, ধৰ্মীয় শিক্ষাৰ
লগত সম্পর্কহীন, কু-সংস্কাৰত
আচ্ছন্ন লোকক নানান চল-চাতুৰীৰে বিভ্রান্ত কৰি বাণিজ্যিক লক্ষ্যত
এক শ্ৰেণীৰ তথাকথিত জ্ঞানীলোকে পীৰ প্ৰথাক ইছলামৰ অন্যতম ভিত্তি হিচাপে প্ৰচাৰ কৰি ৰমৰমীয়া
ব্যৱসায় চলাই আছে।
পীৰ পাৰ্চী শব্দ। ইয়াৰ আভিধানিক অর্থ হ’ল- সন্মানীয়
ব্যক্তি। পৰিভাষাগত অৰ্থত কোৱা হয় জ্ঞানী, পণ্ডিত। অর্থাৎ
যাৰ ওচৰত শিক্ষা গ্ৰহণ কৰা হয় তেঁৱে পীৰ। সাধাৰণভাবে ক’ব পাৰি শিক্ষক। কোৰআন হাদীছ নিজে পঢ়ি বুজি আনক
বুজাবপৰা ব্যক্তি গৰাকীয়ে হ’ল পীৰ। কিন্তু সাম্প্রতিক সময়ত পীৰ শব্দৰ অৰ্থ হৈছে
বিনা পূঁজিৰ ব্যৱসায়ী। আগতে পীৰ শব্দৰ পৰিভাষাগত অৰ্থৰ গুৰুত্ব আছিল; কিন্তু আজি- কালি কিছু সংখ্যক
ভণ্ড পীৰৰ প্রাদুর্ভাৱে পীৰ শব্দৰ অৰ্থ বিকৃত কৰি পেলাইছে। আজি-কাল পীৰ হ’বলৈ আক্ষৰিক
শিক্ষাৰ প্ৰয়োজন নহয়। কোনো এগৰাকী পীৰৰ ওচৰলৈ গৈ কিছুদিন আধ্যাত্মিক
শিক্ষা ল’লে নাইবা পীৰৰ
সেৱা-শুশ্রুষা কৰি চিলচিলা ল’লেই পীৰ হ’বপৰা যায়। পিতৃ-মাতৃৰ সেৱা কৰা প্ৰতিজন সন্তানৰে
কৰ্ত্তব্য। কিন্তু সম্প্রতি এক শ্রেণীৰি মানুহে পিতৃ-মাতৃৰ সেৱা-শুশ্রূষা কৰিবলৈ
এৰি পৰকালৰ মুক্তিৰ আশাত তথাকথিত পীৰৰ সেৱা-শুশ্রূযাত ব্যস্ত থকা দেখা যায়। পিতৃ-মাতৃয়ে
কি খালে বা নাখালে সেইফালে গুৰুত্ব নিদি পীৰ চাহাবৰ খোৱা-লোৱাৰ
প্ৰতিহে অধিক গুৰুত্ব দিয়া হয়। নিজৰ ককায়েক-ভায়েক-ভনীয়েকৰ লগত সম্পত্তিলৈ
কাজিয়াত লিপ্ত হয় অথচ পীৰ ককায়েক-ভায়েক-ভনীয়েকৰ কাৰণে জীৱন দিবলৈ
কুণ্ঠাবোধ নকৰে। পীৰ ককায়েক-ভায়েক-ভনীয়েকৰ লগত ইমান সহৃদয়তাৰ আঁৰৰ ৰহস্য কি সেয়া
ভাবি চোৱা প্ৰয়োজন৷ ইয়াৰ আঁৰত অবাধ যৌনাচাৰ চলে বুলিও দুর্ণাম আছে। কিছুমান ভণ্ড
পীৰৰ আড্ডাত গাঁজা ভাঙৰ আড্ডাও বহা দেখা যায়।
সাম্প্ৰতিক কালত পীৰ হোৱাৰ কাৰণে কোনো পুথিগত বিদ্যাৰ
প্ৰয়োজন নহয়। পীৰ হোৱাৰ যোগ্যতা হ’ল বংশ পৰম্পৰা অথবা কোনো পীৰক সেৱা-শুশ্রূষাৰে
সন্তুষ্ট কৰি খেলাফত গ্ৰহণ। খেলাফত পোৱাৰ কাৰণে জ্ঞানৰ প্ৰয়োজন নহয়। সেৱা-যত্ন
অথবা ধন-ধানেৰে পীৰক সন্তুষ্ট কৰিব পাৰিলেই হ’ল। কোৰআন হাদীছ
সম্পর্কে জ্ঞান নথকাৰ ফলত তথাকথিত পীসকলক ৰাছুল(ছাঃ) আৰু আল্লাহৰ শাৰীতে পেলাব খোজে
সাধাৰণ অজ্ঞ ভক্তই। ইয়াৰ কাৰণো অৱশ্যে নথকা নহয়। কাৰণ অজ্ঞ লোকসকলক শিকোৱা হয়
যে, পীৰৰ শিষ্যত্ব
গ্রহণ নকৰিলে বেহেস্ত
পোৱা নাযাব, পীৰৰ এহাত
চন্দ্ৰাতপৰ তলত কিয়ামতৰ দিনা সকলো মুৰীদান (শিষ্য) একত্ৰিত হ’ব আৰু পীৰে
সিহঁতক বেহেস্তলৈ লৈ
যাব। শিষ্যসকলক এনেকুৱা কিছুমান ভ্রান্ত শিক্ষা দিয়া হয়, যিবোৰ ইছলামৰ
পৰিপন্থী। যেনে-পীৰৰ সেৱা-যত্ন কৰিলে অৰ্থাৎ দেহ বিক্ৰী
কৰিলেহে বেহেস্ত পোৱা যায়। এনেকুৱা শিক্ষাত প্ৰভাৱিত হৈয়ে কিছুমান অজ্ঞ শিষ্যই
পীৰৰ মৃত্যু হ'লেও পীৰৰ কবৰত
ধূপ-ধুনা জ্বলাই আৰাধনা কৰে। পীসকলে মুস্তহাব (অৱশ্যে কৰণীয়) কাৰ্যক ফজ (বাধ্যতামূলক)
কৰি ফ্ৰজক অশিক্ষাৰ ক’লা আৱৰণেৰে ঢাকি
দি এনেকুৱা কিছুমান
দুৱা-দৰুদ পঢ়িবলৈ নিৰ্দ্দেশ দিয়ে, যিবোৰ সম্পূৰ্ণৰূপে ইছলামৰ পৰিপন্থী। পীৰৰ আদেশ
অলংঘনীয়। পীৰৰ আদেশ যিমানেই কঠিন বা গর্হিত নহওঁক কিয় প্রকৃত
শিষ্য হ’বলৈ হ’লে সেইবোৰ আদেশ
পালন অৱশ্যে কৰিব লাগিব। অন্যথা কৰিলে বেহেস্ত নাপাব। পীৰৰ
হাততে যে বেহেস্ত আৰু পীৰৰ আদেশ পালন কৰা শিষ্যসকল যে পীতকৈও শ্রেষ্ঠ এনকুৱা
কিছুমান মনেসজা কাহিনী কৈ শিষ্যসকলৰ মনত ভক্তিভাৱ জগাই তুলি পীসকলে নিজৰ
অভীষ্ট সিদ্ধি কৰে। এচাম শিক্ষিত আৰু অৰ্দ্ধ শিক্ষিত দুৰন্ধৰ লোকে এইবোৰ সকলো ভুৱা বুলি
জানিও ভৱিষ্যতে পীৰ হোৱাৰ কাৰণে বিনাদ্বিধাই পীৰৰ আদেশ পালন কৰে। কাৰণ পীৰ হ’ব পাৰিলে
বিনাপূঁজিৰে ঘৰ- দুৱাৰ, গাড়ীৰ মালিক
হোৱাটো তেনেই সহজ কাম।
শিষ্যসকলে পীৰৰ ঘৰলৈ আহিলে নিজৰ খোৱা বয়-বস্তুৰ লগতে পীৰৰ
কাৰণেও খাদ্যবস্তু লৈ আহিব লাগে। লগতে নজৰাণা (ভেটি) হিচাপেও
সাধ্যানুপাতে পীৰক টকা-পইচা দিব লাগে। পীৰ প্ৰথাৰ প্ৰত্যক্ষ দুটা লাভ দেখা যায়-
(১) পীৰ হ’ব পাৰিলে
টকা-পইচাৰ চিন্তাৰপৰা মুক্ত হ’ব পৰা যায়। (২) পীৰৰ শিষ্যত্ব গ্ৰহণ কৰিলে
নামাজ, ৰোজা, হজ কৰাৰ প্ৰয়োজন
নহয়। কাৰণ এইবোৰ কাম পীৰৰ সেৱা কৰিয়ে সমাধা কৰিবপৰা যায়।
পীসকলে শিষ্যৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নানা ধৰণৰ মায়াজাল কৰি
দেখুৱায়। যেনে এগিলাচ পানীত আঙুলি স্পৰ্শ কৰি চৰৱত বনোৱা, লাঠিৰে মাটিত
আঘাত কৰি দূৰৰ শত্ৰুক পৰাভূত কৰা, দূৰৰ বস্তু চাব পৰা, মানুহৰ মনৰ কথা ক’ব পৰা, জ্যোতিষীৰ দৰে
ভৱিষ্যত বাণী কৰাৰ লগতে ইন্দ্রজালিক ভোজবাজি দেখুৱাই পীসকলে শিষ্যৰ সংখ্যা বৃদ্ধি কৰে। পীসকলে
জামাতত নামাজ নপঢ়ে। অথচ হজৰত মহম্মদ (ছাঃ)ৰ দিনৰপৰা
ইছলাম ধৰ্মত জামাতৱদ্ধ হৈ নামাজ পঢ়াৰ নিয়ম প্রচলিত হৈ আহিছে। ইয়াৰ পৰা বুজা
যায়, পীসকলে মুখত
নামাজৰ কথা ক’লেও প্ৰকৃততে
কিন্তু নামাজৰ পোষকতা নকৰে।
চৰিয়ৰ জ্ঞাতব্য জৰুৰী বিষয়াদি শিক্ষাৰ উদ্দেশ্যে যিদৰে
গ্ৰন্থ আৰু মাদ্ৰাছাৰ শৰণাপন্ন হ'ব লগা হয়, ঠিক সেইদৰে ইছলামী আদৰ্শ, বিনয়, নম্রতা, আল্লাহর ইবাদত (আৰাধনা) প্রভৃতি শিক্ষাৰ কাৰণে
শিক্ষকৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। পাৰ্চী ভাষা প্রভাৱিত এলেকাসমূহত এইসকল শিক্ষকক
পীৰ নামেৰেৰ অভিহিত কৰা হয়। শিক্ষকসকল যিদৰে বংশানুক্রমিক নহয়, ঠিক সেইদৰে
পীৰসকলো বংশানুক্রমিক হোৱাৰ কোনো যুক্তি নাই। অর্থাৎ আখেৰাতৰ মুক্তিৰ
কাৰণে বিশেষ পীৰ শ্ৰেণীৰ শৰণাপন্ন হৈ বায়আত গ্ৰহণ কৰিব লাগিব এই ধাৰণা ইছলামী চৰিয়ৰ
দৃষ্টিত মুঠেই গ্রহণযোগ্য নহয়। বায়আত শব্দৰ আভিধানিক অৰ্থ হৈছে বিক্ৰী কৰা।
পৰিভাষাগত অৰ্থ হৈছে আনুগত্যৰ
শপত অৰ্থাৎ নিজৰ ইচ্ছা, অনিচ্ছা, অভিমত ব্যক্তি বিশেষৰ হাতত সমৰ্পণ কৰা। গতিকে
এজন মানুহে সকলো পাপ কাৰ্য পৰিত্যাগ আৰু পৰিপূৰ্ণ ইছলামিক জীৱন গঠনৰ শপত লৈ কোনোবা
জ্ঞানীলোকৰ ওচৰত বায়আত গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে যদিও বেহেস্তৰ আশাত অশিক্ষিত ভণ্ড
পীৰৰ ওচৰত বায়আত গ্ৰহণ কৰাটো মুঠেই গ্রহণযোগ্য নহয়।
দৈনিক অগ্রদূত, ৩০জুলাই-২০১০
বিদআত ইছলামী
আদৰ্শৰ পৰিপন্থী।
ইছলামৰ মূলনীতি অথবা আদৰ্শৰ পৰিপন্থী কৰ্মকে বিদআত বুলি কোৱা
হয়। ইমাম ৰাগেবে বিদআত শব্দৰ অৰ্থ ব্যাখ্যা কৰিছে এনেদৰে- কোনো ধৰণৰ পূৰ্বৰ
নমুনা নেদেখাকৈ আৰু বেলেগ কোনো বস্তুৰ অনুসৰণ, অনুকৰণ নকৰাকৈ কোনো কাৰ্যক নতুনকৈ সৃষ্টি কৰাৰ
নামেই হ’ল বিদআত। ধৰ্মৰ
ক্ষেত্ৰত তেওঁ বিদআত শব্দৰ সংজ্ঞা দিছে এনেদৰে- যি আদৰ্শ চৰিয়ৰ প্ৰৱৰ্তৰ্ক বা
প্ৰচাৰকৰ আদৰ্শত আদর্শবান নহয় আৰু চৰিয়তৰ মূলনীতি তথা
সুস্থ আদৰ্শৰ লগত যাৰ মিল নাই, তেনেকুৱা আদর্শ উপস্থাপন কৰি ধৰ্মৰ ক্ষেত্ৰত সেই নতুন
আদৰ্শক বিশ্বাস আৰু অনুসৰণ কৰাকে বিদআত বুলি কোৱা হয়। অর্থাৎ
চৰিয়ৰ প্ৰৱৰ্তকে যি কথা কোৱা নাই, সেই কথা কোৱা আৰু যি কাৰ্য কৰা নাই, তেনেকুৱা কাৰ্যক আদৰ্শৰূপে
গ্ৰহণ কৰাৰ নামেই হ’ল বিদআত।
ইমাম খাত্তাৱীয়ে বিদআতৰ সংজ্ঞা এনেদৰে দিছে- যি মত বা নীতি
ইছলামৰ মূল নীতিৰ আধৰত প্রতিষ্ঠিত নহয় বা কোনো দৃষ্টান্ত তথা কিয়াচ সমর্থিত
নহয়, তেনেকুৱা যি নীতি
বা আদৰ্শ নতুনকৈ উদ্ভাৱন কৰা হয় তাকে বিদআতবুলি অভিহিত কৰা হয়।।
হজৰত মহম্মদ (ছাঃ)এ কৈছে-ইছলামত নৱ উদ্ভাৱিত বিষয়াদিৰপৰা
তোমালোকে নিজক আঁতৰাই ৰাখিবা। কিয়নো ইছলামৰ ক্ষেত্ৰত সকলো নৱ উদ্ভাৱিত
বস্তুই বিদআত আৰু সকলো বিদআতে চৰম গোমৰাহী(পথভ্ৰষ্ট)ৰ মূল। (আহমদ শ্বৰিফ)
হজৰত আয়েচা (ৰাঃ)ৰ পৰা বর্ণিত আছে, নবী (ছাঃ)এ কৈছে, যিসকল লোকে
এনেকুৱা আমল (কর্ম) কৰিলে,
যাৰ অনুকুলে বা সমৰ্থনত মোৰ
উপস্থাপিত চৰিয়ত নাই সেই আমল অৱশ্যে প্রত্যাখানযোগ্য। (মুছলিম শ্বৰীফ)
হজৰত ওমৰ ফাৰুক আৰু হজৰত আব্দুল্লাহ ইবনে মছউদ (ৰাঃ)এ কৈছে-
তোমালোক, হে মুছলিম জনতা, (তোমালোকে) বহু
বস্তুই নতুনকৈ উদ্ভাৱন
কৰিবা আৰু তোমালোকৰ কাৰণেও ইছলামৰ বহু নতুন বস্তু উদ্ভাৱন কৰা হ’ব। জানি থোৱা, সকলো নৱ উদ্ভাৱিত
বস্তুই সুস্পষ্ট গুমৰাহী
আৰু সকলো গুমৰাহীৰ চূড়ান্ত পৰিণতি জাহান্নাম।
কিন্তু সেই বুলি ব্যৱহাৰিক জীৱনৰ কাম-কাজ আৰু বৈষয়িক জীৱন
যাপনৰ কাৰণে নিত্য নতুন উপায় উদ্ভাৱন আৰু নৱ আৱিষ্কৃত যন্ত্রপাতিৰ লগত
চৰিয়তৰ বিদআতৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কিয়নো, সেই আৱিষ্কাৰৰ কোনোটোৱে আল্লাহৰপৰা নেকী লাভৰ
লগত সম্পর্কিত নহয়।
সেয়ে এই আৱিষ্কাৰ ইছলামৰ আদৰ্শৰ পৰিপন্থী হ’ব নোৱাৰে। বেলেগ ধৰণে যিবোৰ ইবাদত (উপাসনা)
হজৰত মহম্মদ(ছাঃ) অথবা চাহাবায়ে কিৰাম(ৰাঃ)ৰ কথাৰ বা কাৰ্যৰ বিৱৰণৰ মাধ্যমত সুস্পষ্টভাবে বা
ইংগিতত প্রমাণিত সেইবোৰো বিদআত নহয়। হজৰত মহম্মদ(ছাঃ)ৰ যুগত যিবোৰ কাৰ্য কৰাৰ প্ৰয়োজন
হোৱা নাছিল; কিন্তু পৰৱৰ্ত্তী
যুগত কোনো ইছলামী কাৰ্যৰ কাৰণে, ইছলামৰ লক্ষ্য অৰ্জনৰ কাৰণে কোনো কাৰ্য
কৰাৰ প্ৰয়োজনীয়তা দেখা দিলে সেইবোৰ কাৰ্য বিদআত ৰূপে গণ্য নহ'ব।
উদাহৰণ স্বৰূপে ক’বপৰা যায়, ইছলামিক শিক্ষাৰ কাৰণে মাদ্ৰাছা স্থাপন, প্ৰচাৰমূলক
সংস্থা আৰু দ্বীনি প্ৰচাৰ বিভাগ প্রতিষ্ঠা, কোৰআন হাদীছ বুজোৱাৰ কাৰণে ব্যাকৰণ ৰচনা, ইছলাম বিৰোধীসকলক
উত্তৰ দিয়াৰ কাৰণে যুক্তি বিজ্ঞান আৰু দৰ্শন ৰচনা কৰা, দেশ ৰক্ষা তথা আত্মৰক্ষাৰ কাৰণে
আধুনিক অস্ত্র-শস্ত্র, যন্ত্রপাতি
নির্মাণ, আধুনিক
যুদ্ধবিদ্যা শিক্ষাদান, দ্রুতগামী আৰু
সুবিধাজনক যান-বাহন নিৰ্মাণ আৰু ব্যৱহাৰকে আদি কৰি কিছুমান কাৰ্য হজৰত মহম্মদ(ছাঃ)ৰ
যুগত প্ৰচলিত নাছিল যদিও এইবোৰক এক শ্ৰেণীৰ ইবাদত বুলিয়ে ক’বপৰা যায়। গতিকে এইবোৰক
বিদআত বুলি ক’বপৰা নাযাব। কাৰণ
পৰৱৰ্ত্তী যুগত এইবোৰৰ প্ৰয়োজন দেখা দিছে কাৰণে উদ্ভাৱন কৰা হৈছে। এইটো সত্য যে, এইবোৰ সেই যুগৰ
কাৰণে উপযোগী আৰু প্ৰয়োজনীয় নাছিল। এইবোৰ ব্যৱহাৰ কৰিলে পূণ্য হয় এই ধাৰণালৈও
এইবোৰ নিৰ্মাণ ও ব্যৱহাৰ নকৰে। এইবোৰ হৈছে ব্যৱহাৰিক জীৱনৰ কাৰণে নতুন উদ্ভাৱন, ধৰ্ম অথবা
পূণ্যলাভৰ কাৰণে নহয়। কোৰআন হাদীছত নিষিদ্ধ হ’ল, ধৰ্মৰ কাৰণে
ধৰ্মৰূপে নতুন বস্তু উদ্ভাৱন কৰাটোহে। অৱশ্যে ধৰ্ম বাস্তৱায়নৰ কাৰণে নতুন বস্তু
উদ্ভাৱন কৰা নিষিদ্ধ নহয়। গতিকে এইবোৰক বিদআত বুলি ক’বপৰা নাযায়, বৰং এইবোৰক
অপৰিহাৰ্যৰূপে বিবেচনা কৰা হয়।
মুছলিম সমাজত প্ৰচলিত ধাৰণা অনুসৰি বিদআত দুই প্ৰকাৰ- (১)
বিদআতে হাছনা অর্থাৎ ভাল বিদআত আৰু (২) বিদআতে ছাইয়োয়া অর্থাৎ বেয়া
বিদআত। এই বিভাজনো হয়তো আন এক অভিনৱ বিদআত। কাৰণ বিদআতক ভাল আৰু বেয়া এই দুই
ভাগত বিভক্ত কৰাৰ ফলত বহু বিদআত আকৌ ভাল বিদআতৰ গহনা পিন্ধি ইছলামৰ আদৰ্শ আৰু আমলৰ বিশাল
ব্যৱস্থাপনাত সকলোৰে অগোচৰে অনুপ্ৰৱেশ ঘটিছে। ফলত একত্ববাদীসকলেও সম্প্রতি এনেকুৱা
কিছুমান কাৰ্য কৰিবলৈ লৈছে যিবোৰ কাৰ্য প্রকৃতপক্ষে আল্লাহৰ একত্ব বিৰোধী আৰু সুস্পষ্টৰূপে
বিদআত। ৰাছুল(ছাঃ)ৰ যুগত বিদআতৰ ভাল-বেয়া থকাৰ কোনো প্রমাণ নাই। চাহাবায়ে ক্ৰোমৰ
যুগতো বিদআতক ভাল- বোয়ৰূপে বিভক্ত কৰা হোৱা নাছিল।
তেনেহ'লে বিদআতৰ এই ভাল-বেয়া ধাৰণা আহিল ক’ৰপৰা? ইয়াৰ উত্তৰ পোৱা
যায় হজৰত ওমৰ ফাৰুক (ৰাঃ)ৰ এফাঁকি কথাৰ বিস্তৰিত ব্যাখ্যাৰ পৰা। কথাফাঁকিৰ ব্যাখ্যা
হাদীছত এনেদৰে উল্লেখ কৰা হৈছ- আব্দুৰ ৰহিম ইবনে আব্দুল কাৰী (ৰাঃ)ৰ পৰা বৰ্ণিত
হৈছে- মই হজৰত ওমৰ
ফাৰুক(ৰাঃ)ৰ লগত এবাৰ ৰমজান মাহত মছজিদলৈ গ'লো। মছজিদলৈ গৈ দেখা পালো মানুহবিলাকে
বিচ্ছিন্ন আৰু বিক্ষিপ্তভাবে নিজৰ নিজৰ নামাজ পঢ়ি আছে। ইয়াৰ মাজতে এজনে নামাজ পঢ়িছে আৰু
আন কিছুমানে তেওঁৰ লগত নামাজ পঢ়িছে। তেতিয়া ওমৰ ফাৰুক (ৰাঃ)ই ক’লে, মই ভাবো, এইসকল নামাজীক
এগৰাকী ভাল ক্বাৰীৰ পাছত একেলগে নামজ পঢ়িবলৈ দিলে খুব ভাল হ'লহেঁতেন। পাছত
তেওঁ তাকে কৰাৰ কাৰণে সিদ্ধান্ত ল'লে আৰু হজৰত উবাই ইবনে কাবেৰ ইমামতিত জামাতত
নামজ পঢ়াৰ ব্যৱস্থা কৰি দিলে। আকৌ আন এদিনাখন ৰাতি মই হজৰত ওমৰ
ফাৰুক(ৰাঃ)ৰ লগত ওলালো। সিদিনা মছজিদলৈ গৈ দেখিলো, মানুহবিলাকে জামাতৱদ্ধ হৈ
এগৰাকী ইমামৰ পাছত নামাজ পঢ়িছে। তাকে দেখি ওমৰ ফাৰুক(ৰাঃ)ই ক’লে, এয়াতো খুব ভাল
বিদআত!
হাদীছৰ শেষ ভাগত হজৰত উমৰ ফাৰুক(ৰাঃ)ৰ উল্লিখিত এই
কথাফাঁকিয়ে হ’ল বিদাআতক দুই
ভাগত বিভক্ত কৰাৰ মহান অস্ত্র। এটা বিদআত যদি ভাল হয় আনটো বিদআত অৱশ্যেই বেয়া হ’ব। এই ধাৰণাৰ
বশৱৰ্ত্তী হৈ বিষয়টো প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ সাধাৰণ জনসমাজত ভাল ও
বেয়া বিদআতৰূপে বদ্ধমূল হৈ পৰিছে। এতিয়া এনেকুৱা অৱস্থা হৈছে যে, কোনো বিদআত
সমপর্কে আলোচনা নাইবা আপত্তি কৰিবলৈ গ’লে কোৱা হয়, এইটো বিদআত ঠিকেই; কিন্তু এইটো
বেয়া বিদআত নহয়, ভাল বিদআতহে।
ইয়াৰ অৰ্থ যিহেতু ভাল বিদআত গতিকে ত্যাগ কৰাৰ প্ৰয়োজন নাই। এই ভাল
বিদআতৰ আৱৰণেৰে চৰিয়ৰ সম্পূৰ্ণ পৰিপন্থী মাৰাত্মক বিদআত চুন্নতৰ মাজত, নেক কাৰ্যৰ মাজত
গণ্য হৈ মুছলিম সমাজত ধৰ্মৰ মৰ্যদা পাই অহাটো মুঠেই বিচিত্ৰ নহয়। ফলত বাস্তৱ
দৃষ্টিত হজৰত মহম্মদ(ছাঃ)এ সকলো বিদআতক পথভ্রষ্ট বুলি কোৱা কথাৰ কোনো মূল্য
থাকিলনে বাৰু!
বিদআতক ভাল আৰু বেয়া এই দুভাগত বিভাজন কৰাটো ভুল। হজৰত ওমৰ
ফাৰুক(ৰাঃ)ৰ কথাৰ ওপৰত ভিত্তি কৰি বিদআতক দুভাগত ভাগ কৰা হৈছে যদিও তেওঁৰ কথাত এই বিভাজন
প্রকৃতপক্ষে প্রমাণিত হোৱা নাই। কাৰণ তেওঁৰ কথাৰ যি অৰ্থ কৰা হয়, তেওঁ মুঠেই সেই অৰ্থত
কথাফাকি কোৱা নাছিল। হজৰত ওমৰ ফাৰুক(ৰাঃ)ই নিশ্চয় তাৰাবীহৰ নামাজ জামাতত পঢ়াৰ
কাৰণে এই কথা কোৱা নাছিল৷ কাৰণ এই কথা তেওঁ ক’বও নোৱাৰে। কাৰণ তাৰাবীহৰ নামাজ জামাতত পঢ়াটোযে মুঠেই
বিদআত নহয় এই কথা তেওঁতকৈ আন কোনে ভালদৰেই জানে! কাৰণ হজৰত মহম্মদ(ছাঃ)ৰ
যুগত তাৰাবীহৰ নামজ জামাতৱদ্ধ হৈ পঢ়া হৈছে। হজৰত মহম্মদ(ছাঃ) নিজে ইমাম হৈ জামাতত
তাৰাবীহৰ নামাজ পঢ়ুৱাইছে। ছহী হাদীছৰ দ্বাৰা এই কথা প্রমাণিত। অ-ফজ নামাজ
ৰাছুল(ছাঃ)ৰ ইমামতিত নিয়মিতভাবে পঢ়া হ’লে অৱশেষত যদি অ-ফজ নামাজ ফজ হৈ যায় এই ভয়ত
হজৰত মহম্মদ(ছাঃ)এ তাৰাবীহৰ নামাজ জামাতত পঢ়োৱালৈ বন্ধ কৰে। কাৰণ তেতিয়া
অহী নাজেল হৈ আছিল আৰু চৰিয়ত তৈয়াৰ হৈ আছিল।
এতিয়া প্ৰশ্ন হয়, তেনেহ'লে হজৰত ওমৰ ফাৰুক(ৰাঃ)ই তাৰাবীহ নামজ জামাতত
পঢ়াটোক বিদআত বুলি কিয় ক’লে ? আচলতে তেওঁ এই ক্ষেত্ৰত
বিদআত বুলি কৈছে, বিদআতৰ শাব্দিক
আৰু আভিধানিক অর্থতহে। পাৰিভাষিক অৰ্থত কোৱা নাছিল। বিদআতৰ শাব্দিক
তথা আভিধানিক অর্থ হ’ল, নতুন। হজৰত
মহম্মদ(ছাঃ)ৰ যুগত ২-৪ দিন তাৰাবীহৰ নামজ জামাতত পঢ়াৰ পাছত বন্ধ হৈ যায়। ইয়াৰ
পাছত তাৰাবীহৰ নামাজ
বহুকেইবছৰ জামাতত নপঢ়াকৈ অতিবাহিত হয়। হজৰত আবু বক্কৰ (ৰাঃ)ৰ যুগতো তাৰাবীহৰ
নামাজ জামাতত পঢ়াৰ নিয়ম প্রচলিত হোৱা নাছিল। হজৰত ওমৰ
ফাৰুক(ৰাঃ)ৰ সময়ত তাৰাবীহৰ নামাজ পুনৰ নতুনকৈ জামাতত পঢ়াৰ নিয়ম প্রচলিত হয়। শাব্দিক আৰু
আভিধানিক অর্থতহে হজৰত ওমৰ ফাৰুক(ৰাঃ)ই তাৰাবীহৰ নামাজ জামাতত পঢ়াক বিদআত বুলি
কৈছিল- পাৰিভাষিক অৰ্থত নহয়। কাৰণ তেওঁ জানিছিল যে, তাৰাবীহৰ নামাজ জামাতত পঢ়াটো বিদআত নহয়৷
বিদআত কেনেকৈ প্ৰচলিত হয়? বিদআত প্রচলিত হোৱাৰ মূলত তিনিটা কাৰ্যই
ক্ৰিয়া কৰা দেখা যায়। (১) বিদআতীয়ে নিজৰ প্ৰয়োজনত নতুন নিয়ম
উদ্ভাৱন কৰে আৰু সেই নিয়ম সাধাৰণভাবে সমাজত প্ৰচলিত হৈ পৰে। (২) কোনো জ্ঞানী
ব্যক্তিয়ে জ্ঞাতসাৰে বা অজ্ঞাতসাৰে চৰিয়ত বিৰোধী কাৰ্য কৰা দেখি অজ্ঞলোকসকলে সেই
কাৰ্যক চৰিয়ৰ সমৰ্থিত বুলি ভাবে। এজন ব্যক্তিৰ ভুলৰভাবে সময়ত সেই কার্য সমাজত প্ৰচলিত হৈ
পৰে। (৩) কোনো অজ্ঞলোকে বিদআত কাৰ্য কৰিলে আলিম সমাজে প্রতিবাদ নকৰি নীৰৱ হৈ
থাকিলে বেলেগ মানুহেও বিদআত কাৰ্য কৰাৰ কাৰণে উৎসাহিত হয়।
বিদআত প্ৰচলিত হোৱাৰ কাৰণে মনস্তাত্ত্বিক কাৰণো আছে।
চিৰন্তন সুখ-শান্তিৰ স্থান বেহেস্ত স্বাভাৱিকতে সকলোৰে কাম্য। ইছলামৰ
হুকুম আহকাম যথাযথভাবে পালন কৰা কঠিন কাৰণে সহজসাধ্য পূণ্যৰ
কাম কৰাৰ কাৰণে মানুহ লালায়িত বা উৎসহিত হয়। তেতিয়া মানুহ চয়তানৰ
ষড়যন্ত্ৰৰ চিকাৰ হৈ কিছুমান পূণ্যৰ কাম কৰাৰ কাৰণে সিদ্ধান্ত লয়, যিবোৰ কাৰ্য
প্ৰকৃতাৰ্থত বিদআত। বেহেস্তৰ চিৰস্থায়ী সুখ- শান্তিৰ আশাত
যিবোৰ কাৰ্যক পূণ্যৰ কাম বুলি ভবা হয়, সেইবোৰ চৰিয়ৰ ভিত্তিতো পূণ্যৰ কাম হয় নে নহয়
সেয়া পৰীক্ষা-নিৰীক্ষা কৰি চোৱাৰ অভাৱতে হওঁক নাইবা সেইবোৰ
পৰীক্ষা-নিৰীক্ষা কৰিবলৈ উৎসাহ নেদেখুৱাৰ ফলতে হওঁক, বিদআত কাৰ্যকে ইছলামৰ সমৰ্থিত বুলি ভবাত বিদআত
কাৰ্য প্ৰচলিত হৈ থাকে। উদাহৰণ স্বৰূপে ক’ব পাৰি, পূণ্যৰ আশাত চবে বৰাতত হালুৱা ৰুটি খোৱা, ভৰিত হাত দি মূৰ নত কৰি কদমবুছি
কৰা, মছজিদত উচ্চস্বৰে
জিকিৰ কৰা, স্ত্ৰীয়ে মূৰৰ
চুলিৰে স্বামীৰ ভৰি মচি দিয়া, ‘৭৮৬’
সংখ্যাক
বিছমিল্লাহ বুলি ভবা, মহান ব্যক্তিৰ
মৃত্যু দিৱস আৰু জন্ম দিৱস পালন কৰাকে আদি কৰি অসংখ্য বিদআত মুছলিম সমাজত প্ৰচলিত
হৈ আছে।
অগ্রকাশ অগ্রদূত-২০১০ ইং
মিছওৱাক ইছলামী
আদৰ্শৰ অংগ।
ইছলাম আত্মিক পৰিশুদ্ধিৰ সমান্তৰালভাবে দেহ আৰু
পোচাক-পৰিচ্ছদৰ পবিত্ৰতা ৰক্ষাৰ কাৰণেও নির্দেশ ও শিক্ষা দিছে। ইছলামৰ পবিত্ৰতাৰ
নিৰ্দ্দেশ বিজ্ঞানৰ পবিত্ৰতাৰ নিৰ্দ্দেশতকৈও উত্তম আৰু সমুজ্জ্বল। নামাজৰ পূৰ্বে
অজু আৰু মিছওৱাক (দাঁত ঘঁহা)কৰাৰ কাৰণে নিৰ্দ্দেশ দিছে ইছলাম। অজু আৰু মিছওৱাকে আত্মিক
আৰু দৈহিক উপকাৰ সাধন কৰে। সেয়ে মিছওৱাকক আত্মিক ইবাদতৰ মৰ্যদা প্ৰদান কৰিছে ইছলাম।
মিছওৱাকে মুখ পৰিষ্কাৰ কৰি ৰখাৰ লগতে দাঁত উজ্জ্বল আৰু
মজবুত কৰি ৰাখে। দাঁতৰ নানা প্রকাৰ ৰোগৰ পৰাও ৰক্ষা কৰে। নিয়মিতভাবে মিছওৱাক কৰাৰ ফলত
দাঁতৰ মাড়ি শক্ত হয়। ফলত সোৱাদ আৰু হজম শক্তি বৃদ্ধি পায়। ডিঙিৰ নানা প্ৰকাৰ
ৰোগৰ পৰাও ৰক্ষা কৰে মিছওৱাকে। সেয়ে নবী(ছাঃ)এ মিছওৱাকৰ প্ৰতি
খুবেই গুৰুত্ব প্ৰদান কৰিছে আৰু কৈছে- মিছওৱাকক নিজৰ কাৰণে আৱশ্যক কৰি লোৱা। কিয়নো মিছওৱাকৰ
মাজত ১৫ প্ৰকাৰ সৌন্দৰ্য নিহিত হৈ আছে। (১) মিছওৱাকে মুখ পৰিষ্কাৰ কৰি ৰাখে। (২)
আল্লাহ আনন্দিত হয়। (৩)চয়তান
অসন্তুষ্ট হয়। (৪) মনৰ প্ৰশান্তি আৰু স্বস্তি অৰ্জন হয়। (৫) নবী (ছাঃ)ৰ ছুন্নত
আদায় হয়। (৬) ক্ষতিগ্রস্ত চকুৰ ৰোগৰ পৰা আৰোগ্য লাভ হয়।। (৭) পৰিচ্ছন্নতা ৰক্ষা হয়।
(৮) গৰমৰ পৰা পোৱা কষ্ট আঁতৰ হয়। (৯) মূৰৰ বিষ আঁতৰ হয়। (১০) মুখ সুগন্ধিযুক্ত
হয়। (১১) কফ দূৰ হয়।
(১২) দাঁতৰ মাড়ি মজবুত হয়। (১৩) মিছওৱাককাৰীক ফিৰিস্তাসকলে ভাল পায়। (১৪)
দৰিদ্ৰতা আৰু সংকীর্ণতা আঁতৰ হয়। (১৫) পূণ্য লাভ হয়। নবী (ছাঃ)এ
বর্ণণা কৰিছে, আহাৰ গ্ৰহণ কৰাৰ
পাছত মিছওৱাক কৰা দুজন গোলাম আজাদ কৰাতকৈও উত্তম। নবী (ছাঃ)এ বর্ণণা কৰিছে-নবীসকলৰ
গুণাৱলীৰ মাজত এটা হ’ল মিছওৱাক কৰা।
মিছওৱাক সম্পর্কে এনেকুৱা বহু হাদীছ বর্ণিত আছে।
মিছওৱাকৰ প্ৰতি ইছলামী আদৰ্শই গুৰুত্ব প্ৰদান কৰাৰ কাৰণ হ’ল- মুখ হ’ল শৰীৰৰ প্ৰৱেশ
দ্বাৰ। মুখৰ ভিতৰত দাঁত, মাড়ি, টনচিল, মুখ গহ্বৰ থাকে। এই
সমূহ অংগই খাদ্যবস্তু সহজ প্ৰাচ্য আৰু হজমৰ উপযোগী কৰি দেহৰ অভ্যন্তৰলৈ প্ৰেৰণ
কৰে। সেয়ে নবী (ছাঃ)এ শৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অংগ মুখৰ ৰক্ষণাবেক্ষণৰ
কাৰণে শিক্ষা দিছে। যেনে- খাদ্য গ্ৰহণৰ আগত আৰু পাছত হাত ধৌত কৰা, খোৱাৰ আগত আৰু পাছত
কুলকুলিয়া আৰু মিছওৱাক কৰা আদি। কুলকুলিয়া কৰাৰ ফলত দাঁতৰ ফাঁকত লাগি থকা ময়লা
আঁতৰ হয়। দাঁতৰ আলুৰ ৰোগৰপৰা ৰক্ষা পৰে। পাঁচ ওৱাক্ত নামাজৰ আগত
মিছওৱাক কৰাৰ কাৰণে নিৰ্দ্দেশ দিছে ইচলাম। মিছওৱাক কৰিলে দাঁতৰ ফাঁকত লাগি থকা খাদ্যৰ
সূক্ষ্ম কণাবোৰ আঁতৰ হয়। ফলত সেইবোৰে দাঁত আৰু মাড়িৰ ক্ষতি সাধন কৰিব নোৱাৰে।
খাদ্যৰ সূক্ষ্ম কণাবোৰ দীৰ্ঘ সময় দাঁতৰ ফাঁকত লাগি থাকিলে সেইবোৰ পচি বহু
ৰোগ-ব্যাধি সংক্রমিত হয়। সেয়ে দন্ত বিশেষজ্ঞসকলে প্ৰতি ছমাহৰ মূৰে মূৰে দাঁত
স্কেলিং কৰাৰ কাৰণে পৰামৰ্শ দিয়ে। কিন্তু নবী (ছাঃ)ৰ উপদেশ অনুসৰি মিছওৱাক কৰিলে দাঁত
সদায় পৰিষ্কাৰ হৈ থাকে, ফলত স্কেলিং অথবা ওৱাশ্ব কৰাৰ
প্ৰযোজন নহয়। নবী (ছাঃ) অতি গৰম, অধিক জ্বলা আৰু অধিক লৱণাক্ত খাদ্য গ্রহণ নকৰিবলৈ উপদেশ
দিছে। নবী (ছাঃ)ৰ এইসমূহ উপদেশ মানি চলিলে মুখৰ ভিতৰৰ ঘাঁপৰা হাত সাৰি থাকিব পাৰি।
মুখৰ পাছত থাকে খাদ্য পৰিপাকৰ দীৰ্ঘ নলী। সেই নলীৰো বিভিন্ন
কাম আছে। পৰিপাক তন্ত্ৰত পৰিপাকত সহায়কাৰী গ্ৰন্থিসমূহ হ'ল- (১) লালটি গ্রন্থি
(২) পিত্তথলী (৩)যকৃত। দেহৰ অভ্যন্তৰত প্ৰৱিষ্ট খাদ্যদ্রব্য চূড়ান্ত পর্যায়ত
এইসমূহ গ্ৰন্থিৰ পৰা নিঃসাৰিত এনজাইম (পাচক ৰস)ৰ সহায়ত পৰিপাক হৈ তেজৰ লগত মিহলি হয় আৰু
অপ্রয়োজনীয় অংশ মল আকাৰে আমাৰ দেহৰপৰা ওলাই যায়। খাদ্যবস্তু গ্রহণ কৰাৰ পৰা
মল-মূত্র ত্যাগ কৰালৈকে পৰিপাক তন্ত্ৰৰ প্ৰতিটো অংশই বিশেষ দায়িত্ব সম্পাদন কৰে
আৰু প্ৰতিটো অংশৰে এটা নিৰ্দ্দিষ্ট পৰিমণ্ডল নিৰ্দ্ধাৰিত কৰা আছে। উক্ত অংগসমূহৰ
কাম-কাজত সামান্যতম বিশৃংখলা সৃষ্টি হ’লে দেহৰ পৰিচালনা ব্যৱস্থা বিঘ্নিত হ’ব পাৰে আৰু দেহ
অসুস্থতাৰ চিকাৰ হ'ব পাৰে। ফলত
পৰিপাক তন্ত্ৰৰ অংগ আৰু গ্ৰন্থিসমূহৰ শৃংখলা ৰক্ষা কৰাৰ কাৰণে খাদ্যবস্তুৰ মান আৰু
পৰিমাণ যথাসম্ভৱ হোৱাটো
অপৰিহাৰ্য। নবী (ছাঃ)এ কৈছে- কঁকাল পোনকৈ ৰখাৰ বাবে কেইগৰাহমান খাদ্যই যথেষ্ট।
তোমালোকৰ খাদ্য গ্ৰহণৰ প্রয়োজন হ’লে পাকস্থলীৰ এভাগ খাদ্যবস্তু আৰু বাকী এভাগ
পানীৰ দ্বাৰা পূৰ্ণ কৰিবা। ৰৈ থকা বাকী এভাগ শ্বাস-প্রশ্বাসৰ বাবে খালী ৰাখিবা।
নবী(ছাঃ)এ এটা ভৰি ভূমিত স্থাপন কৰি আৰু আনটো ভৰি থিয় কৰি ৰাখি খাদ্যবস্তু গ্ৰহণ
কৰিছিল। ইয়াৰ মাজতো বৈজ্ঞানিক উপকাৰিতা নিহিত হৈ আছে।
মিছওৱাকৰ মাজত বহু বৈজ্ঞানিক উপকাৰিতা নিহিত হৈ আছে।
মিছওৱাক বীজাণু ধ্বংসকাৰী এণ্টিছেপটিক। ইয়াৰ দ্বাৰা মুখৰ দুৰ্গোন্ধ আঁতৰ হয়।
মুখাভ্যন্তৰৰ বীজাণু ধ্বংস হয়। মিছওৱাকে মস্তিষ্কৰ স্বাস্থ্য নিৰোগীকৈ ৰাখে।
মিছওৱাকৰ জৰিয়তে দাঁত পৰিষ্কাৰ নকৰিলে দাঁত আৰু মুখ
দুর্গেন্ধিযুক্ত হয়। যাৰ ফলত হনু আৰু তালুত পূঁজ সৃষ্টি হয়। ইয়াৰ দ্বাৰা
মস্তিষ্কৰ ৰোগৰ কাৰণ হোৱাৰ লগতে হাৰ্টৰ ৰোগ হয়।
মানুহে বিভিন্ন প্ৰকাৰৰ খাদ্যবস্তু গ্ৰহণ কৰে আৰু খাদ্যৰ
সৰু সৰু কণা দাঁতৰ ফাঁকত লাগি থাকে। যিবোৰ কুলকুলিয়া কৰাৰ ফলতো বাহিৰ নহয়। ফলত দাঁতৰ
মাজত লাগি থকা কণাবোৰে দুর্গোন্ধ বিয়পাই নানা ধৰণৰ ৰোগ সৃষ্টি কৰে। ওচৰত থকা
মানুহেও সেই দুর্গোন্ধৰ দ্বাৰা অস্বস্তি অনুভৱ কৰে। দাঁতৰ মাঢ়ি ৰোগাক্রান্ত
হয়। মাড়িত পূঁজ জমা হৈ অসহ্য ব্যথাৰ কাৰণ হয়। ইয়াৰ প্ৰভাৱ মাথোন দাঁতৰ ওপৰতে নপৰে, মস্তিষ্কৰ ওপৰতো
ইয়াৰ বেয়া প্ৰভাৱ পৰে। কেতিয়াবা সমস্যা অধিক জটিল হৈ গলগ্ৰন্থিৰ ওপৰতো ইয়াৰ
প্ৰভাৱ পৰে। ফলত ছর্দি- কাঁহ-জ্বৰ হয়। বুকুত কফ জমা হয়। মস্তিষ্কৰ
ওপৰত প্ৰভাৱ পৰাৰ ফলত দৃষ্টিশক্তি হ্রাস পায়। কাণ আৰু পাকস্থলীৰ ওপৰতো ইয়াৰ
বেয়া প্ৰভাৱ পৰে।
একমাত্র নিয়মিত মিছওৱাকেহে মানুহক এইসমূহ ৰোগৰপৰা ৰক্ষা কৰিব পাৰে। নিয়মিত
মিছওৱাকৰ পৰা গল-গ্ৰন্থিৰ ৰোগ টনচিল, মুখৰ ঘাঁ, কাণৰ পূঁজ পৰা বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।
নিয়মিত মিছওৱাক কৰিলে দৃষ্টি শক্তি অটুট থাকে। দাঁতৰ বেমাৰৰপৰা পাকস্থলীৰ শতকৰা
৮০ ভাগ ৰোগ হয় বুলি জনা যায়। নিয়মিত মিছওৱাক কৰিলে পাকস্থলীৰ ৰোগৰপৰা হাত থাকিব পাৰি। পানী লগা-কাঁহ-জ্বৰৰপৰা
ৰক্ষা কৰে মিছওৱাকে। নিয়মিত মিছওৱাক কৰিলে হাৰ্টত জমা হোৱা পূঁজৰ পৰা ৰক্ষা পাব
পাৰি। নিয়মিত মিছওৱাকে মেধা শক্তিও বৃদ্ধি কৰে। গতিকে নিয়মিত
মিছওৱাকৰ অভ্যাস গঢ়ি তোলা উচিত।
দৈনিক অগ্রদূত, ১৭ জুন, ২০১১
বিজ্ঞানৰ দৃষ্টিত
নাৰী আৰু পুৰুষ
নাৰীক পুৰুষৰ সমকক্ষ কৰি গঢ়ি তুলিবলৈ বিভিন্ন আইন প্রণয়ন
হোৱাৰ লগতে বিভিন্ন সংগঠনৰ জন্ম হৈছে। তথাপিও নাৰী এতিয়ালৈকে অৱহেলিতা, লাঞ্ছিতা আৰু
নির্যাতিতা হৈয়ে আছে। এফালে নাৰীক দেৱীৰূপে পূজা কৰা হৈছে আৰু আনফালে ভোগৰ
সামগ্ৰী তথা পণ্য হিচাপে ব্যৱহাৰ কৰি নাৰীদেহৰ বিজ্ঞাপনৰ যোগেদি কোটী কোটী টকাৰ ব্যৱসায় কৰি
থকা হৈছে। মুখত নাৰী আৰু পুৰুষৰ সমঅধিকাৰৰ কথা কোৱা হয় যদিও বেছিভাগ ক্ষেত্ৰতে নাৰীক
পুৰুষৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয়। নাৰীৰ স্বাৰ্থত খুব কমেই পুৰুষক ব্যৱহাৰ কৰা
দেখা যায় ৷
ইয়াৰ কাৰণ হিচাপে নাৰীৰ সৌন্দৰ্য প্ৰদৰ্শনৰ প্ৰৱণতা আৰু
নাৰী আৰু পুৰুষৰ সৃষ্টিগত পার্থক্যৰ ভেদাভেদ নৰখাৰ ফলতেই বৰ্তমান একৈছ শতিকাৰ সভ্য
সমাজতো নাৰীয়ে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰি লাঞ্ছনা, বঞ্ছনা, প্ৰতাৰণাৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হোৱা নাই
বুলি ‘ইছলামৰ দৃষ্টিত
পৰ্দাৰ হুকুম’ নামৰ গ্ৰন্থত
উল্লেখ কৰিছে।
গ্ৰন্থখনত উল্লেখ কৰা মতে ঊনবিংশ শতিকাৰ ‘ইনচাইক্লোপেডিয়া’ প্রণেতাসকলে নাৰী
আৰু পুৰুষৰ শাৰীৰিক আৰু মানসিক পার্থক্য এনেদৰে উল্লেখ কৰিছে- নাৰীৰ ভৰিৰ পৰা মুৰলৈকে
অংগ-প্ৰত্যংগসমূহ পুৰুষৰ অংগ-প্ৰত্যংগতকৈ সম্পূৰ্ণ বেলেগ। আনকি নাৰী আৰু পুৰুষৰ যিবোৰ
অংগ-প্রত্যংগ সাধাৰণ দৃষ্টিত একেধৰণৰ বুলি ধৰণা হয়, প্ৰকৃততে সেইবোৰো পুৰুষতকৈ বেলেগ। উক্ত গ্ৰন্থখনত
নাৰী আৰু পুৰুষৰ অংগ-প্ৰত্যংগসমূহৰ তুলনামূলক সূক্ষ্ম আলোচনা কৰি সাৰমৰ্ম তলত লিখা ধৰণে
বৰ্ণনা কৰিছে।
নাৰী ধৈৰ্যৰ প্ৰতিমূৰ্তি আৰু নাৰীৰ শাৰীৰিক গঠন প্রায়
শিশুৰ অনুৰূপ। সকলো ক্ষেত্ৰত নাৰীৰ অনুভূতি শিশুৰ দৰে দ্ৰুত প্ৰভাৱিত হয়। শিশুসকল
দুখ-কষ্টৰ কোনো কাৰণ হ’লেই তৎক্ষণাৎ
কান্দিবলৈ আৰম্ভ কৰে আৰু আনন্দৰ কাৰণ ঘটিলেই তৎক্ষণাৎ আনন্দত আত্মহাৰা হৈ জঁপিয়াবলৈ আৰম্ভ
কৰে। নাৰীৰ অৱস্থাও ঠিক শিশুৰ দৰে একেধৰণৰ। অনুভূতিপ্ৰৱণ ঘটনাত পুৰুষতকৈ নাৰী অধিক
পৰিমাণে প্ৰভাৱিত হোৱা দেখা যায়। কিয়নো, অনুভূতিপ্ৰৱণ ঘটনাই নাৰীৰ হৃদয়ত ইমানেই বেছি প্ৰভাৱ
বিস্তাৰ কৰে যে বিবেক-বিবেচনাৰ প্ৰতি তেতিয়া নাৰীয়ে মুঠেই
ভ্রূক্ষেপ নকৰে। নাৰীৰ মাজত তেতিয়া দৃঢ়তা আৰু স্থিৰতাৰ অভাৱ পৰিলক্ষিত হয়। ফলত
কঠিন আৰু দুৰ্যোপূৰ্ণ মুহূৰ্তত নাৰী স্বাভাৱিকতে অস্থিৰ আৰু ব্যাকুল হৈ উঠে। এয়া হ’ল নাৰীৰ মানসিক
অৱস্থা। বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণিত হৈছে যে পুৰুষৰ গড় উচ্চতাৰ
তুলনাত নাৰীৰ গড় উচ্চতা ১২ চেণ্টিমিটাৰ কম। কোনো নিৰ্দিষ্ট দেশ বা জাতিৰ মাজত এই
পার্থক্য সীমাৱদ্ধ নহয়, নিগ্রো জাতিসমূহৰ
মাজতযেনেকৈ এই পার্থক্য বিৰাজমান, বিশ্বৰ অন্যান্য জাতিৰ মাজতো এই পার্থক্য সমভাবে বিৰাজমান।
তদুপৰি যুৱক- যুৱতীসকলৰ দৰেই শিশুসকলৰ মাজতো এই পার্থক্য বিৰাজমান। নাৰী আৰু পুৰুষৰ ওজনৰ
ক্ষেত্ৰতো এই পার্থক্য বিৰাজমান। য’ত পুৰুষৰ গড় ওজন ৪৭
কিলোগ্রাম ত'ত নাৰীৰ গড় ওজন
৪২.৫০০ কিলোগ্রামতকৈ অধিক নহয়। অর্থাৎ নাৰীৰ ওজন পুৰুষতকৈ গড় হিচাপত ৫ কিলোগ্রাম কম।
শৰীৰৰ মাংসপেশীৰ ঘনত্ব আৰু শক্তিৰ ফালৰ পৰাও নাৰী পুৰুষতকৈ দুর্বল।
ডাঃ দ্য কৰিনিয়ে ইনচাইক্লোপেডিয়াত উল্লেখ কৰিছে যে
সামগ্রিকভাবে পৰীক্ষা কৰিলে দেখা যায় যে নাৰীৰ শৰীৰৰ মাংসপেশী পুৰুষৰ মাংসপেশীৰ তুলনাত
বেলেগ প্ৰকৃতিৰ। মাংসপেশীৰ ঘনত্ব আৰু শক্তি তিনিভাগ কৰিলে দুই ভাগেই পুৰুষৰ ভাগত
পৰিব। মাংসপেশীৰ দ্ৰুত সঞ্চালনাৰ গতি আৰু সংকোচনৰ ক্ষমতাও নাৰীতকৈ
পুৰুষৰ বেছি। নাৰীৰ তুলনাত পুৰুষৰ মাংসপেশীৰ সঞ্চালন গতি দ্রুততৰ আৰু ক্ৰিয়া অধিক শক্তিশালী।
মানুহৰ প্ৰাণকেন্দ্ৰ হ’ল হৃদপিণ্ড। নাৰী
আৰু পুৰুষৰ হৃদপিণ্ডৰ মাজতো যথেষ্ট পার্থক্য বিৰাজমান। বৈজ্ঞানিক গৱেষণাত প্রমাণিত হৈছে যে
পুৰুষৰ তুলনাত নাৰীৰ হৃদপিণ্ডৰ ওজন ৬০ ড্রাম( এক- ১/১৬ আউন্স) কম আৰু অপেক্ষাকৃত
পাতল। শ্বাস-প্রশ্বাসৰ ক্ষেত্ৰতো নাৰী আৰু পুৰুষৰ মাজত পাৰ্থক্য
বিদ্যমান। মানুহৰ শ্বাস-প্রশ্বাসৰ মাধ্যমত যি কার্বলিক এচিডৰ অনু নিৰ্গমন হয়, সেয়া অভ্যন্তৰীণ তাপৰ ফলত বায়ুলৈ
ৰূপান্তৰিত হৈ শ্বাস-প্রশ্বাসৰ লগত মিশ্ৰিত অৱস্থাত নির্গত হয়। পুৰুষে প্রতি
ঘণ্টাত ১১ ড্রাম কার্বলিক এচিড জ্বলাবলৈ সক্ষম হয় আৰু নাৰীয়ে পুৰুষৰ তুলনাত খুবেই কম
জ্বলাবলৈ সক্ষম হয়। নাৰীৰ মূল শাৰীৰিক তাপো পুৰুষতকৈ বহু কম অর্থাৎ আধাতকৈ সামান্য বেছি।
নাৰী মানসিকভাবেও পুৰুষৰ তুলনাত দুৰ্বল। চাইকোলনীৰ মতানুসাৰে নাৰীৰ মস্তিষ্কভাগৰ
সিৰা-উপসিৰাৰ একা-বেঁকা ৰেখাও পুৰুষৰ (মস্তিষ্কৰ কোষৰ) তুলনাত কম।
নাৰীৰ মস্তিষ্ক কোষৰ পৰ্দা বা আৱৰ্ণসমূহো অপৰিণত।
অৱশ্যে শাৰীৰিক আৰু মানসিকভাবে দুর্বল হ’লেও কোনো কোনো
ক্ষেত্ৰত নাৰী পুৰুষতকৈ অধিক শক্তিশালী। ধৈৰ্যৰ ক্ষেত্ৰত নাৰী পুৰুষতকৈ সবল।
নাৰীৰ কৃতজ্ঞতা আৰু আনুগত্য গুণো পুৰুষতকৈ অধিক। সেৱা-যত্ন আৰু আতিথেয়তাৰ বেলিকাও
নাৰী পুৰুষতকৈ শ্ৰেষ্ঠ। সূক্ষ্ম হাতৰ কামত নাৰী পুৰুষতকৈ অধিক পাৰ্গত। সন্তান প্রতিপালনৰ
ক্ষেত্ৰতো নাৰী পুৰুষতকৈ অধিক শক্তিশালী। এগৰাকীয়ে নাৰীয়ে দহোটা
পর্যন্ত সন্তান প্রতিপালন কৰিব পাৰে; অথচ এজন পুৰুষ এজন সন্তানো সঠিকভাবে প্রতিপালন
কৰিবলৈ অক্ষম। ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰে যে নিজ নিজ কর্মক্ষেত্ৰত
নাৰী আৰু পুৰুষ পৰষ্পৰতকৈ অধিক শ্রেষ্ঠ। কিন্তু এইটো ঠিক যে নাৰীয়ে উপযুক্ত
শিক্ষাৰে শিক্ষিতা হৈ মানসিকভাবে নিজক পুৰুষৰ সমকক্ষ কৰি গঢ়ি তুলিবলৈ সক্ষম হ’লেও শাৰীৰিক
শক্তিত কেতিয়াও পুৰুষৰ সমকক্ষ হ’ব নোৱাৰে।
দৈনিক বাতৰি- ২৬-১১-২০০৯
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন