ছোহৰাব-ৰুস্তম (পৌৰাণিক উপন্যাস)

 

         




ছোহৰাব-ৰুস্তম

       (পৌৰাণিক উপন্যাস)

 

               লেখকৰ দুআষাৰ-

ৰুস্তম ইৰাণৰ বিখ্যাত বীৰ আৰু যোদ্ধা আছিল। তেওঁৰ জন্ম ইছা নবীৰ জন্ম শতাব্দীতে হৈছিল বুলি ধাৰণা কৰা হয়। তেওঁ পাৰস্যৰ বিখ্যাত বীৰ ও যোদ্ধা মহাবীৰ জালৰ পুত্ৰ আৰু শামৰ নাতিয়েক। তেওঁৰ মাকৰ নাম আছিল ৰুদবা। ৰুস্তম এবাৰ যুদ্ধলৈ যোৱাৰ সময়ত তেওঁৰ পত্নী তাহমিনা অন্তঃসত্ত্বা আছিল। সেয়ে তেওঁ যুদ্ধলৈ যোৱাৰ সময়ত তাহমিনাক এটি মাদুলি দি গৈছিল আৰু পুত্ৰ সন্তান জন্ম হ'লে মাদুলিটো তাৰ বাহুত বান্ধি দিবলৈ পৰামৰ্শ দি গৈছিল। ভবামতেই পুত্র সন্তান জন্ম হৈছিল আৰু সন্তানৰ নাম ৰাখিছিল চোহৰাব। চোহৰাবৰ সুৰক্ষাৰ কথা ভাবি তাহমিনাই কন্যা সন্তান জন্ম হোৱা বুলি ৰুস্তমলৈ খবৰ পঠাইছিল। ফলত কস্তমে কন্যা সন্তানক চাবলৈ অহা নাছিল আৰু এইদৰে পিতা-পুত্ৰৰ পৰিচয় অজ্ঞাতে আছিল। দুর্ভাগ্যবশতঃ পিতা-পুত্র এখন যুদ্ধত অৱতীৰ্ণ হয় আৰু সেই যুদ্ধত ৰস্তমৰ হাতত চোহৰাব নিহত হয়।

শাহনামাত এই যুদ্ধৰ কাহিনী বর্ণিত আছে। ইংৰাজ কবি মেথিউ আর্নল্ডে তেওঁৰ চোহৰাব আৰু ৰুস্তম নামৰ খণ্ডকাব্যত এই কাহিনী খুবেই কৰুণ আৰু মৰ্মান্তিক ৰূপত বর্ণণা কৰিছে।

বাঙালী নাট্যকাৰ ব্ৰজেন্দ্ৰ কুমাৰ দেৰ দ্বাৰা বাংলাভাষাত ৰচিত চোহৰাব-ৰুস্তম নামৰ বিখ্যাত নাটকৰ সহায়ত উপন্যাসখন ৰচনা কৰা হৈছে। উপন্যাসখনত কে'বাটাও কাল্পনিক চৰিত্ৰ সংযোজন কৰা হৈছে। সেইসমূহ চৰিত্ৰৰ কোনো ঐতিহাসিক সত্যতা নাই।

            -ছোহৰাব-ৰুস্তম

                                           (এক)

সময় দুপৰীয়া। নিজম নিস্তব্ধ পৰিবেশ।

দিগন্ত বিস্তৃত মৰুভূমি।

মৰুভূমিৰ মাজত এখন শ্যামল স্নিগ্ধ মৰুদ্যান।

পথশ্ৰমত শ্রান্ত-ক্লান্ত এজন অশ্বাৰোহী ঘোঁৰা চেঁকুৰাই আহি মৰুদ্যানখনত উপস্থিত হ'ল। অশ্বাৰোহীজন ওখ-পাখ। বলিষ্ঠ। গাত সৈনিকৰ সাজ। কঁকালত তৰোৱাল। গাত বৰ্ম আৰু মূৰত লোৰ শিৰস্ত্রাণ।

অশ্বাৰোহীজন উঠি অহা ঘোঁৰাৰ বৰণ বগলি পাখিৰ দৰে বগা। ঘোঁৰাটো পথ শ্ৰমত শ্রান্ত-ক্লান্ত। ঘোঁৰাৰ মুখৰপৰা ফেনা আৰু গাৰপৰা অবিশ্ৰান্ত ধাৰাত ঘাম নিগৰি আছিল। অশ্বাৰোহীজন ঘোঁৰাৰ পিঠিৰপৰা নামি ঘোঁৰাটো চৰিবলৈ এৰি দিলে আৰু ভাগৰ পলুৱাবলৈ বুলি তেওঁ নিজে এজোপা গছৰ ছাঁত জিৰণি ল'বলৈ বহিল।

পখীৰ কাকলি আৰু ওচৰেদি বৈ যোৱা নদীৰ কুলু কুলু সুৰে ঠাইডোখৰ মুখৰ কৰি ৰাখিছিল। ফলত এক অপার্থির মনোমোহা পৰিৱেশ বিৰাজ কৰি আছিল ঠাইডোখৰত।

এজোপা গছৰ ছাঁত আঁউজি বহি সন্মোহিতৰ দৰে অশ্বাৰোহীজনে ঠাইডোখৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে। ঠাইডোখৰৰ পৰিৱেশ ইমানেই মনোমুগ্ধকৰ আছিল যে, কিছু সময় পাছত এক সুগভীৰ প্রশান্তিত তেওঁৰ দেহ-মন ভৰি পৰিল।

দক্ষিণ দিশৰপৰা আৰৱ সাগৰৰ বুকু চুই ধীৰ-স্নিগ্ধ মলয়ৰ সোঁত প্ৰবাহিত হৈ আছিল। মলয়ৰ কোমল শীতল আলফুল পৰশত অশ্বাৰোহীজনৰ চকুৰ পতা তন্দ্ৰাচ্ছন্ন হৈ লাহে লাহে মুদ খাই আহিল আৰু শেষ মুহূৰ্তত গছৰ গাত আঁউজি বহিয়ে তেওঁ কলমটিয়াবলৈ ধৰিলে।

হঠাৎ মৃদু কোলাহলৰ শব্দত তেওঁৰ টোপনি ভাঙি গ'ল। চকুযোৰ মোহাৰি তেওঁ কোলাহলৰ উৎস বিচাৰি সম্মুখৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে।

অনতিদূৰত ৰাস্তাৰ মাজত এখন সুদৃশ্য বাগী ৰৈ আছিল। হঠাৎ তেওঁৰ দৃষ্টি বাগীৰ ফালে প্ৰসাৰিত হ'ল। বাগীখন মখমলৰ কাপোৰেৰে আবৃত। কাপোৰখন অভিনৱ কাৰুকাৰ্য খচিত। বাগীৰ সৌন্দৰ্য আৰু কাৰুকাৰ্যলৈ লক্ষ্য কৰি বাগীখন ৰাজকীয় বাগী বুলি উপলব্ধি কৰিবলৈ অশ্বাৰোহীজনৰ অসুবিধা নহ'ল।

গছ এডাল পৰি বাগীৰ সম্মুখৰ ৰাস্তা বন্ধ হৈ আছিল। পাঁচজন সৈনিকে গছডাল ৰাস্তাৰপৰা আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰি আছিল আৰু ওখ-পাখ বলিষ্ঠ চেহেৰাৰ সৈনিক এজনে লগৰীয়া সৈনিককেইজনৰ কাষত থিয় হৈ গছডাল আঁতৰাই পঠিয়াবলৈ উৎসাহিত কৰি আছিল- বল লগোৱা.... আৰু লগোৱা, জোৰে ঠেলা-

সৈনিককেইজনৰ গাত চামৰাৰ বৰ্ম। কঁকালত তৰোৱাল। তৰোৱালবোৰ মখমলৰ কাপোৰেৰে আবৃত সুদৃশ্য খাপত কোষাৱদ্ধ।

সৈনিকসকলৰ সজা-সজ্জা দেখি সিহঁত কোনোবা বাদচাহৰ সন্মানিত সৈনিক বুলি উপলব্ধি কৰিবলৈ অশ্বাৰোহীজনৰ অসুবিধা নহ'ল। বাগীৰ সৌন্দৰ্য আৰু সৈনিককেইজনৰ কাণ্ড-কাৰখানা তেওঁ অলসভাবে বহি উপভোগ কৰিবলৈ ধৰিলে।

বহুপৰ চেষ্টা কৰিও সৈনিককেইজনে গছডাল আঁতৰাই পঠিয়াবলৈ সক্ষম নহ'ল। ফলত সিহঁতক উৎসাহিত কৰি থকা দলপতি সৈনিকজন এটা সময়ত বিৰক্ত হৈ উঠিল আৰু অৱশেষত সিও সৈনিককেইজনৰ লগত হাত উজান দিলে।

টনা-আজোৰা চলিল। টনা-আঁজোৰাৰ ফলত সৈনিককেইজনৰ সবল বাহুৰ পেশীবোৰ ফুলি ফুলি উঠিবলৈ ধৰিলে। সিহঁতৰ কপালত বিৰিঙি উঠিল বিন্দু বিন্দু ঘামৰ টোপাল। কিন্তু সকলো প্ৰচেষ্টা অথলে গ'ল। গছডাল আঁতৰাই পঠিওৱাতো দূৰৰে কথা লৰাবও নোৱাৰিলে সিহঁতে।

সৈনিককেইজনৰ অকৃকার্যতাত এটা সময়ত অশ্বৰোহীজন অধিক কৌতুহলী হৈ উঠিল আৰু তেওঁ লৰি-চৰি বহিল।

ইফালে গছডালৰ লগত বলে নোৱাৰি দলপতি সৈনিকজন বিৰক্ত হৈ উঠিল। সি এবাৰ গছডাল আৰু এবাৰ বাগীৰ ফালে অসহায় ভাবে চাবলৈ ধৰিলে। হঠাৎ অশ্বাৰোহীজনৰ ফালে তাৰ চকু গ'ল। কণাই লাঁখুটি পোৱাৰ দৰে সি উৎসাহিত হৈ উঠিল। সহায়ৰ বাবে সি অশ্বাৰোহীজনক হাতবাউলি মাতিলে- হেৰা, কোন তুমি? আমাক অকণমান সহায় কৰি দিয়াচোন।

দলপতি সৈনিকজনৰ আহবানত অশ্বাৰোহীজন কিছু পৰিমাণে বিৰক্ত হ'ল যদিও পাছ মুহূৰ্তত কিবা ভাবি তেওঁ বহাৰপৰা উঠি থিয় হ'ল। টোপনিৰ জড়তা ভাঙিবলৈ তেওঁ মাংসল শৰীৰটো সোঁৱে বাঁৱে কেইবাৰমান সঞ্চালন কৰি ধীৰ পদক্ষেপত সৈনিককেইজনৰ ফালে আগবাঢ়ি আহিল।

অশ্বাৰোহীজন গছডালৰ কাষ পোৱাৰ লগে লগে দলপতি সৈনিকজন উৎসাহিত হৈ উঠিল। সি প্ৰভুসূলভ আদেশৰ সুৰত ক'লে- ধৰাচোন, আমাক অকণমান সহায় কৰি দিয়া।

দলপতি সৈনিকজনৰ প্ৰভুসূলভ ব্যৱহাৰত অশ্বাৰোহীজন বিৰক্ত হৈ উঠিল। তেওঁ থমকি ৰৈ গ'ল।

অশ্বাৰোহীজনক ৰৈ যোৱা দেখি বাগীৰ ভিতৰৰপৰা নাৰী কণ্ঠ ভাহি আহিল- ৰৈ গ'লা যে, আহা আমাক সহায় কৰি দিয়া।

অশ্বাৰোহীজনে বাগীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। বাগীৰ পৰ্দাখন একাষৰীয়া হৈ আছিল আৰু একাষৰীয়া পৰ্দাৰ ফাঁকেৰে এগৰাকী গাভৰু তেওঁৰ ফালে চাই আছিল। গাভৰুগৰাকীৰ মুখমণ্ডল ওড়নাৰে আবৃতা। ওড়নাৰ আৱৰণ ভেদ কৰি যেন ৰূপৰ আভা বিচ্ছুৰিত হৈ ওলাই আহি আছিল, এনেকুৱা উপলব্ধি হ'ল অশ্বাৰোহীজনৰ

অশ্বাৰোহীজনে মন্ত্রমুগ্ধৰ দৰে গাভৰুগৰাকীৰ ফালে চাই কেইটামান নীৰৱ মুহূৰ্ত পাৰ কৰিলে।

অশ্বাৰোহীজনৰ আচৰণত দলপতি সৈনিকজন বিৰক্ত হৈ উঠিল। সি ধমকিৰ সুৰত ক'লে- তেনেকৈ কি চাই আছা? সেয়া চামানগাঁৰ চাহজাদী তাহমিনা। প্রমোদ ভ্ৰমণত ওলাই আহিছেএইদৰে কৈয়ে সি গছডালৰ ফালে আঙুলিয়াই ক'লে- গছডাল পৰি ৰাস্তা বন্ধ হৈ থকাত চাহজাদী বিৰক্ত হৈছে। ধৰা, আমাৰ লগত হাত উজান দি গছডাল আঁতৰাই দিয়াহি।

বাগীত বহি থকা গাভৰুগৰাকীৰ পৰিচয় পাই অশ্বাৰোহীজন সজাগ হৈ উঠিল। ক্লান্ত নিশ্বাস এৰি তেওঁ গছডালৰ ফালে আগুৱাই আহিল।গছডালৰ আকৃতি-প্রকৃতি নিৰীক্ষণ কৰি তেওঁ গছডাল ধৰিবলৈ আয়োজন কৰোঁতেই সৈনিককেইজন উৎসাহিত হৈ উঠিল আৰু গছডাল ধৰিবলৈ আগুৱাই আহিল।

অশ্বাৰোহীজনে বাধা দি ক'লে- নাই নাই, মই অকলেই পাৰিম। তোমালোকৰ প্ৰয়োজন নহ'ব।

অশ্বাৰোহীজনৰ ডাংকোপ মৰা কথা শুনি দলপতি সৈনিকজনে তাচ্ছিল্যৰ দৃষ্টিত অশ্বাৰোহীজনৰ ফালে চালে। বাগীত বহি থকা তাহমিনাও লৰি-চৰি বহিল।

দলপতি সৈনিকজনে নিজৰ দুৰ্বলতা ঢাকিবলৈ ব্যংগ কৰি ক'লে- কিমান হাতী, ঘোঁৰা গ'ল তল, শহাই বোলে কিমান জল? পালোয়ানটো ওলাইছে! বলিয়া নেকি?

দলপতি সৈনিকজনৰ ব্যংগাত্মক তিৰস্কাৰলৈ ভ্ৰূক্ষেপ নকৰি তাহমিনাৰ ফালে চাই মৃদু হাঁহি মাৰি অশ্বাৰোহীজনে নিজকে কোৱাদি কৈফিয়তৰ সুৰত ক'লে- চেষ্টা কৰি চোৱাতনো আপত্তি কি? ছজনে বলে নোৱাৰা কাম এটা ম‍ই অকলে কৰিব নোৱাৰিলে নিশ্চয় লাজৰ কথা নহ'ব!

তাহিমনাই অশ্বারোহী সৈনিকজনৰ সমৰ্থনত দলপতি সৈনিকজনক উদ্দেশ্য কৰি ক'লে- বাৰু, তেওঁক অকলেই আঁতৰাবলৈ দিয়া।

অশ্বাৰোহীজনে অকলে গছডাল আঁতৰোৱাটো সম্ভৱ নহ'ব বুলি দলপতি সৈনিকজন নিশ্চিত আছিল। সেয়ে সি শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে কলে- বাৰু, চাহজাদীয়ে কৈছে যেতিয়া দেখাই যক তোমাৰ বাহুবল। হোঁ, আৰম্ভ কৰা। আমাৰ পলম হৈ আছে।

অশ্বৰোহীজনে দুহাতেৰে গছডাল ধৰি একেটা টানতে গছডাল মূৰৰ ওপৰলৈ দাঙি দলপতি সৈনিকজনৰ ফালে চাই তাচ্ছিল্যৰ হাঁহি মাৰিলে। দৃশ্যটো চাই সৈনিকজনৰ শিৰা-উপশিৰা টন্‌টনাই উঠিল।

লগৰীয়া সৈনিক কেইজনো হতভম্ভ। ই কি অবিশ্বাস্য কাণ্ড! ছজনে বলে নোৱাৰা গছ এডাল অনায়াসে মূৰৰ ওপৰলৈ দাঙিলে! ই মানুহ, নে দেবদূত?

বাগীত বহি থকা তাহমিনাও বিস্ময়াভিভূত। তাই চকু বিস্ফাৰিত কৰি অশ্বাৰোহীজনৰ ফালে চাই ক'লে- চাবাচ!

বলিষ্ঠ সুঠাম দেহ। পকা থেকাৰাৰ দৰে গাৰ বৰণ। বয়সত নবীন; কিন্তু দৈহিক বলত বিস্ময়কৰ ভাবে প্রবীণ। অশ্বাৰোহীজনৰ বাহুবল প্ৰত্যক্ষ কৰি এক নিৰালম্ব মিঠা অনুভূতিত তাহমিনাৰ দেহ-মন আচ্ছন্ন হৈ পৰিল।

ইফালে অশ্বাৰোহীজনে গছডাল মূৰৰ ওপৰলৈকে দাঙি ধীৰ-মন্থৰ পদক্ষেপত ওচৰেদি বৈ থকা নৈৰ ফালে আগবাঢ়ি গ'ল আৰু নৈৰ পাৰলৈ গৈ তেওঁ গছডাল পানীলৈ বুলি দলিয়াই দিলে।

গছডাল নৈৰ পানীত পৰাৰ লগে লগে থেপাতকৈ এটা শব্দ হ'ল। শব্দটো তাহমিনাৰ কাণতো পৰিল। শব্দ তৰংগই তাইৰ কাণত সংগীতৰ সুৰৰ দৰে মিঠা ঝংকাৰ তুলিলে।

আনহাতে একে শব্দ তংগই দলপতি সৈনিকজনৰ বুকুত যেন কৰতহে চলালে।

দলপতি সৈনিকজনৰ নাম আলতামাচ। সি সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰীৰ পুতেকসি নিজেও সাম্ৰাজ্যৰ প্ৰধান সেনাপতি। তাহমিনাৰ প্ৰতি সি ল'ৰালিৰেপৰা আকৃষ্ট। তাহমিনাক বিয়া কৰোৱাৰ বাবেও সি আশা পালি আছে। বাদচাহৰো এই বিষয়ে মৌন সমর্থন আছে। গতিকে তাহমিনাৰ সন্মুখতে ঘটনাটো ঘটাত তাৰ মনত প্ৰচণ্ড অপমানবোধ জাগি উঠিল। ফলত এক বিমৰ্ষ বেদনাই তাৰ বুকু ক্ষত-বিক্ষত কৰিবলৈ ধৰিলে আৰু লাজ-অপমানত বিধ্বস্ত হৈ সি তলমূৰ কৰিলে।

অশ্বাৰোহীজনে হাতত লাগি থকা ধূলি-মাকতিবোৰ হাত চাপৰি জাৰি-জোকাৰি অলপ আগতে বহি থকা গছজোপাৰ তললৈ আহি পুনৰ আগৰ ঠাইতে বহি পৰিল। ইফালে অশ্বাৰোহীজনৰ বাহুবল প্রত্যক্ষ কৰি তাহমিনা অশ্বাৰোহীজনৰ পৰিচয় জানিবলৈ ব্যগ্ৰ হৈ উঠিল। আভিজাত্যৰ কথা পাহৰি তাই বাগীৰপৰা নামি অশ্বাৰোহীজনক হাত বাউলি মাতিলে- হেৰা, ইয়ালৈ আহা।

অশ্বাৰোহীজনে তাহমিনাৰ ফালে মূৰ তুলি চালে। তাহমিনাৰ উচ্ছ্বসিত মুখমণ্ডল আৰু দৃষ্টিত একান্ত মুগ্ধতা দেখি অশ্বাৰোহীজনৰ দেহ-মনত পুলক জাগি উঠিল। তেওঁ স্বপ্নাচ্ছন্নৰ দৰে বহাৰপৰা উঠি লাহে লাহে তাহমিনাৰ ফালে আগুৱাই আহিল।

অশ্বাৰোহীজন ওচৰলৈ অহাৰ লগে লগে তাইমিনাই উচ্ছ্বসিত কণ্ঠত ক'লে- তোমাৰ বাহুবল প্রত্যক্ষ কৰি মই অভিভূত। তোমাক প্ৰশংসা কৰাৰ ভাষা মই বিচাৰি পোৱা নাই। ধন্য তোমাৰ বাহুবল ......... ধন্য তোমাৰ জন্মভূমি।

আপোনাৰ প্ৰশংসাৰ কাৰণে ধন্যবাদ। অশ্বৰোহীজনে মুগ্ধদৃষ্টিৰে তাহমিনাৰ ফালে চাই ক'লে।

তোমাৰ বাহুবল প্রত্যক্ষ কৰি ম‍ই সঁচাকৈয়ে গৌৰৱবোধ কৰিছো। তাহমিনাই এইদৰে অশ্বাৰোহীজনক প্ৰশংসা কৰি নিজৰ মনোভাৱ ব্যক্ত কৰিলে- তোমাৰ কামৰ বাবে মই তোমাক পুৰস্কৃত কৰিব খুজিছো

পুৰস্কাৰৰ আঁৰত যে আভিজাত্যৰ ভেম নিহিত হৈ আছে এই কথা উপলব্ধি কৰিবলৈ অশ্বাৰোহীজনৰ অসুবিধা নহ'ল। সেয়ে তেওঁৰ মুখমণ্ডলত অৱজ্ঞাৰ অভিব্যক্তি ফুটি উঠিল।

তাহমিনাই কথাটো লক্ষ্য কৰিলে যদিও সেই ফালে গুৰুত্ব নিদি মখমলৰ সুদৃশ্য থৈলাৰপৰা ৰূপৰ মোহৰ এটা উলিয়াই অশ্বাৰোহীজনৰ ফালে দলিয়াই দি ক'লে- ধৰা, লোৱা।

মোহৰটো দলিয়াই দিয়া দেখি অশ্বাৰোহীজনৰ হৃদয়ত অপমানবোধ জাগি উঠিল। কোনোমতে তেওঁ নিজক সংযত কৰি যন্ত্ৰচালিতৰ দৰে আগবাঢ়ি আহি মাটিৰপৰা মোহৰটো বুটলি ল'লে। তাৰ পাছত দুখোজমান পিছুৱাই আহি তাহমিনাৰ ফালে স্থিৰ দৃষ্টিৰে চাই মোহৰটো আঙুলিৰ চাপত কাগজ এটুকুৰাৰ দৰে লাৰু এটাৰ লেখীয়া কৰি দলিয়াই পেলালে। অশ্বাৰোহীজনৰ কাণ্ড প্ৰত্যক্ষ কৰি তাহমিনাৰ হৃদয়ত অপমানবোধৰ লগতে বিস্ময় জাগি উঠিল।

সৈনিককেইজনে ঠট্‌মট্ খাই অশ্বাৰোহীজনৰ ফালে চকু বিস্ফাৰিত কৰি চালে।

আলতামাচ সচকিত হৈ উঠিল। চাহজাদীৰ অনুগ্ৰহৰ দান সবিনয়ে গ্ৰহণ কৰি কৃতজ্ঞতা জনোৱাৰ পৰিৱৰ্ত্তে দলিয়াই পেলোৱাত তাৰ হৃদয়ত তীব্র অপমানবোধ জাগি উঠিল আৰু অপমানৰ পোটক তুলিবলৈ সি তৰোৱাল কোষমুক্ত কৰি অশ্বাৰোহীজনক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। তাক সহায় কৰিবলৈ লগৰীয়া কেইজনেও তৰোৱাল কোষমুক্ত কৰিলে।তাহমিনা নিজেও অশ্বাৰোহীজনৰ ব্যৱহাৰত অপমানবোধ কৰি আছিল যদিও তাৰ বাহুবল প্রত্যক্ষ কৰি বিস্মিতও হৈছিল। সেয়ে তাই -আলতামাচক নিৰম্ভ কৰিবলৈ ক'লে- ৰবা

তাহমিনাৰপৰা বাধা পাই আলতামাচৰ মুখমণ্ডল বিৰক্তিত কোঁচ খাই গ'ল যদিও সাপৰ মূৰত ঔষধ পৰাৰ দৰে সি উদ্যত হাত তললৈ নমাই আনিলে।

তাহমিনাই থৈলাৰপৰা অনুৰূপ আন এটা মোহৰ উলিয়াই আলতামাচৰ সন্মুখলৈ দলিয়াই দি ক'লে- অনুৰূপ ধৰণে লাৰু বনোৱা । তাহমিনাৰ ব্যৱহাৰত আলতামাচ বিৰক্ত হৈ উঠিল। কাৰণ তাৰ পক্ষে মোহৰটো লাৰু বনোৱা সম্ভৱ নহয় বুলি সি জানে। সেয়ে সি সেমেনা- সেমেনি কৰিবলৈ ধৰিলে৷

আলতামাচক সেমেনা-সেমেনি কৰা দেখি তাহমিনাই কঠোৰ নিৰ্দেশ দিলে- কি চাই আছা? মোহৰটো বুটলি লৈ লাৰু বনোৱা ।

তাহমিনাৰ কঠোৰ নিৰ্দেশত অনিচ্ছা সত্ত্বেও আলতামাচে মোহৰটো বুটলিলৈ তাহমিনাৰ ফালে চাই ক'লে- চাহজাদী, এয়া আপোনাৰ অন্যায় আদেশ। এজন বিদেশীৰ সন্মুখত মোক অপমনা কৰাটো মুঠেই উচিত হোৱা নাই আপোনাৰ।

তাহমিনাই পুনৰ দৃঢ় কণ্ঠত ক'লে- মই যি কৈছো তাকে কৰা।

অশেষত নিৰুপায় হৈ আলতামাচে মোহৰটো লাৰু বনাবলৈ চেষ্টা চলালে। কিন্তু ব্যর্থ চেষ্টা। বহুপৰ চেষ্টা কৰিও সি মোহৰটো সামান্যতম বেঁকাও কৰিব নোৱাৰিলে।

নিজৰ ব্যৰ্থতাত আলতমাচ ৰঙা-চিঙা পৰি গ'ল। লাজ-অপমানত জৰ্জৰিত হৈ সি তলমূৰ কৰিলে।

অশ্বাৰোহীজনে আলতামাচৰ নাজল-নাথল অৱস্থা সকৌতুকে উপভোগ কৰি আছিল। কটা ঘাঁত নিমখ ছটিয়াবলৈ তেওঁ উপলুঙাৰ সুৰত কলে- চাববাচ!

অশ্বাৰোহীজনে আলতামাচক উপলুঙা কৰা দেখি তাহমিনা উৎসাহিত হৈ উঠিল। তাই আলতামাচক উদ্দেশ্য কৰি তিৰস্কাৰৰ সুৰত ক'লে- এইখিনি শক্তিলৈ তোমালোকে দেশ ৰক্ষ কৰা কেনেকৈ? তুমি বোলে চামানগাঁৰ শ্ৰেষ্ঠ বীৰ! ধিক্ তোমাৰ বীৰত্বৰ!

হেজাৰ হ'লেও সৈনিকৰ তেজ। তদুপৰি যিকোনো পুৰুষে নাৰীৰ সন্মুখত নিজক দুৰ্বল বুলি পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰে। তাতকৈ ডাঙৰ কথা হ', সি তাহমিনাক ভাবী স্ত্ৰী ৰূপে কল্পনা কৰি আছে। গতিকে তাহমিনাৰ তিৰস্কাৰত আলতামাচৰ আত্মসন্মানত প্ৰচণ্ড আঘাত লাগিল। সেয়ে ব্যৰ্থতাৰ গ্লানি ঢাকিবলৈ সি ক্রুদ্ধ আক্রোশত খাপৰপৰা তৰোৱাল উলিয়াই অশ্বাৰোহীজনক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। আলতামাচক তৰোৱাল উলিয়াই লোৱা দেখি লগৰীয়া সৈনিককেইজনেও তৰোৱাল উলিয়াই ল'লে।

সিহঁতক তৰোৱাল উলিয়াই লোৱা দেখিও অশ্বারোহীজন বিচলিত নহ'ল। তেওঁ অবিচল ভাবে থিয় দি থাকিল। অশ্বাৰোহীজনক অবিচল ভাবে ৰৈ থকা দেখি আলতামাচ অধিক ক্ষিপ্ত হৈ উঠিল। চিলনীৰ দৰে ছোঁ মাৰি আহি সি অশ্বাৰোহীজনৰ মূৰ লক্ষ্য কৰি আঘাত হানিলে। অশ্বাৰোহীজনে ক্ষিপ্ৰ হাতেৰে আলতামাচৰ তৰোৱাল ধৰা হাতখন ধৰি জোকাৰি দিলে। আলতামাচৰ হাতৰপৰা তৰোৱালখন সুলকি দহ বাৰ হাতমান দূৰলৈ গৈ ছিটিকি পৰিল। অশ্বাৰোহীজনে তাচ্ছিল্যৰ হাঁহি মাৰি ক'লে- ৰুস্তমৰ গাত আঘাত কৰাটো ইমান সহজ নহয়, সৈনিক। তোমাৰ মৰসাহ দেখি মই আচৰিত হৈছো।

কস্তম! নামটো শুনাৰ লগে লগে আলতামাচ সর্পদৃষ্ট মানুহৰ দৰে চক্ খাই উঠিল। দুখোজমান পিছুৱাই গৈ সি চকু বিস্ফাৰিত কৰি ৰস্তমৰ ফালে চালে। ভয়ত তাৰ সৰ্বশৰীৰ মেলেৰীয়া ৰোগীৰ দৰে ঠকঠককৈ কঁপিবলৈ ধৰিলে।

তাহমিনায়ো সপ্রশংস দৃষ্টত ৰস্তমৰ ফালে চালে। ৰুস্তমৰ নাম শুনি তাইৰ দেহত যেন বিদ্যুৎ প্রবাহ খেলি গ'ল।

মহাবীৰ ৰস্তমৰ নাম তাই ল'ৰালিৰে পৰা শুনি আহিছে। ৰুস্তমৰ বাহুবলৰ কথাও তাই জানে।

ৰুস্তম পাৰস্যৰ শ্ৰেষ্ঠ বীৰ। তেওঁৰ পৰাক্ৰমতে পাৰস্যৰ খ্যাতি চৌদিশে বিয়পি পৰিছে। ফলত জীৱিত কালতে ৰস্তম কিংবদন্তিত পৰিণত হৈছে। তেওঁৰ বীৰত্ব কাহিনী লোকগঁথাৰ দৰে সমগ্ৰ আৰব ভূমিৰ মানুহৰ মুখে মুখে।

ৰস্তমৰ বীৰত্ব কাহিনী শুনি শুনি তাহমিনা আগৰে পৰাই ৰস্তমৰ প্ৰতি আকর্ষণ অনুভৱ কৰি আছিল। স্বচক্ষে সেই বীৰত্বৰ প্ৰমাণ পাই তাই অধিক অভিভূত হৈ পৰিল আৰু ৰস্তমৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ উঠিল। মুগ্ধ দৃষ্টিত তাই কস্তমৰ ফালে চাই ক্ষমা খোজাৰ ভংগীত ক'লে- আপোনাৰ পৰিচয় পাই ম‍ই নিজকে ধন্য মানিছো। চিনিব নোৱাৰি আপোনাৰ লগত যি দুৰ্ব্যৱহাৰ কৰা হ'ল তাৰ বাবে ম‍ই দুঃখিত। এইদৰে নিজৰ ভুল স্বীকাৰ কৰিয়ে তাই ওঁঠৰ কোণত হাঁহিৰ ৰেখা বিৰিঙাই ক'লে- আপোনাক ম‍ই চামান গাঁৰ প্রাসাদলৈ নিমন্ত্ৰণ জনাইছো। ধৃষ্টতাৰ কথা পাহৰি নিমন্ত্ৰণ গ্ৰহণ কৰি আমাক ধন্য কৰক।

তাহমিনাৰপৰা নিমন্ত্ৰণ পাই কস্তম ৰোমাঞ্চিত হৈ উঠিল। তেওঁ মুগ্ধ দৃষ্টিত তাহমিনাৰ ফালে চালে।

পকা থেকেৰাৰ দৰে বৰণ। পূৰ্ণিমাৰ জোনৰ দৰে মোহময়ী মুখমণ্ডল। পদুমৰ ঠাৰিৰ দৰে বাহুযুগল। সুডৌল কলাফুল। আয়ত চকু। সমগ্র দেহত যেন ষোড়শী যৌৱনৰ কলোচ্ছ্বাস বৈ পৰিছে।

কামিনী কাঞ্চনৰ প্ৰতি পুৰুষৰ দুৰ্বলতা সহজাত। নাৰীৰ কটাক্ষত মুনিৰ ধ্যান ভংগ হয়। বৃদ্ধৰ দেহতো শিহৰণ জাগে। তেজৰ গতি উত্তাল হৈ উঠে। তাহমিনাৰ সৌন্দৰ্য প্ৰত্যক্ষ কৰিও ৰস্তমৰ দেহত উন্মাদনা জাগি উঠিল। কিন্তু পাছমুহুর্ততে তেওঁ নিজক চম্ভালি ল'লে৷ কাৰণ তেওঁ বিবাহিতা। তেওঁৰ চকুৰ আগত স্ত্রী ফাতিমাৰ মুখমণ্ডল ভাহি উঠিল। তদুপৰি পাঁছ দিন ধৰি তেওঁ ৰাজধানীৰপৰা অনুপস্থিত। বাদচাহেও হয়তো তেওঁক নেদেখি অস্থিৰ হৈ উঠিছে। আজি দিনৰ ভিতৰতে ইৰাণ গৈ নাপালে বাদচাহে তেওঁক বিচাৰিবলৈ মানুহ পঠোৱাটো একপ্ৰকাৰ নিশ্চিত। সেয়ে কস্তমে বিনীত ভাবে ক'লে- আপোনাৰপৰা নিমন্ত্ৰণ পাই ম‍ই নিজকে ধন্য মানিছো; কিন্তু মোৰ কাৰণে নিমন্ত্ৰণ ৰক্ষা কৰা সম্ভৱ নহ'ব। কাৰণ আজিলৈ পাঁচ দিন মই ৰাজধানীৰপৰা অনুপস্থিত। সীমান্তৰ ভূ ল'বলৈ বুলি মই পাঁচদিন আগতে ৰাজধানীৰপৰা ওলাই আহিছো। অসাৱধানতাবশতঃ হঠাৎ আহি এইখিনি পাইছোহি। সেয়ে আজিয়ে মই ইৰাণ গৈ পাব লাগিব। গতিকে আপোনাৰ আতিথ্য গ্রহণ কৰিব নোৱাৰা বাবে মই দুঃখিত। বেলেগ এদিন আহি নিশ্চয় আপোনাৰ আতিথ্য গ্রহণ কৰিম।

নাৰীৰ বাবে উপেক্ষাতকৈ ভয়ংকৰ অপমান নাই। সেয়ে ৰুস্তমে নিমন্ত্ৰণ গ্ৰহণ নকৰাৰ ফলত তাহমিনাৰ হৃদয়ত সহজাত অপমানবোধ জাগি উঠিল। তাই ৰুস্তমক নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে বাধ্য কৰাৰ কথা ভাবিলে। হঠাৎ তাইৰ মনত এষাৰ কথা খেলালে। তাই ভাবিলে, ৰুস্তম সুদূৰ ইৰাণৰপৰা আহিছে যেতিয়া নিশ্চয় ঘোঁৰালৈয়ে আহিছে। গতিকে ঘোঁৰাটো আটক কৰি ৰাজপ্রাসাদলৈ নিব পাৰিলে তেওঁ নিমন্ত্রণ গ্রহণকৰিবলৈ বাধ্য হ'ব। কাৰণ ৰুস্তমে নিশ্চয় তেওঁৰ মৰমৰ ঘোঁৰা এৰি ইৰাণলৈ নাযায় আৰু যোৱাটো সম্ভৱো নহয়। ঘোঁৰা বিচাৰি প্রাসাদলৈ গ'লে এটা ৰাতিৰ কাৰণে তেওঁক প্রাসাদত ৰখাই থোৱাটো বিশেষ টান কাম নহ'ব। এইদৰে মনত বুদ্ধি পাঙি তাই অনুৰোধ কৰাৰ পৰিৱৰ্ত্তে কটাক্ষ কৰি ক'লে- বাৰু, সেই শুভদিনটোৰ বাবে মই অধীৰ বাবে অপেক্ষা কৰি থাকিম। এইদৰে কৈয়ে তাই আলতামাচক উদ্দেশ্য কৰি ক'লে- বাগী চলোৱা।

এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া। ৰুস্তমক নিমন্ত্ৰণ জনোৱা দেখি আলতামাচ মনে মনে ক্ষুণ্ণ হৈ উঠিছিল আৰু ৰুস্তমে যাতে নিমন্ত্ৰণ গ্ৰহণ নকৰে তাৰ বাবে সি মনে মনে আল্লাহৰ ওচৰত কামনা কৰি আছিল। সেয়ে তাহমিনাই বাগী চলাবলৈ নিৰ্দেশ দিয়াৰ লগে লগে সি উৎফুল্লিত হৈ উঠিল আৰু সি চহিচক উদ্দেশ্য কৰি নিৰ্দ্দশ দিলে- কি চাই আছা? বাগী চলোৱা।

আলতামাচৰপৰা নিৰ্দ্দশ পাই চহিচে বাগী চলাই দিলে। কিছুদূৰ অহাৰ পাছত তাহমিনাই আগতে ভাবি থোৱা মতে চহিচক উদ্দেশ্য কৰি ক'লে- বাগী ৰখোৱা ।

নির্দ্দেশ পাই চহিচে বাগী ৰখাই দিলে। তাহমিনাই আলতামাচক মাতি ক'লে- দুজন সেনা পঠাই ঘোঁৰাটো আটক কৰি প্রাসাদলৈ নিয়াৰ

ব্যৱস্থা কৰা।

আলতামাচে তাহমিনাৰ কথাৰ অৰ্থ বুজিব নোৱাৰি সুধিলে- ঘোঁৰা! কাৰ ঘোঁৰা, চাহজাদী?

তাহমিনাই কথাটো বুজাই ক'লে- সেই বীৰ সৈনিকজনৰ। তেওঁৰ ঘোঁৰাটো নিশ্চয় ওচৰতে ক'ৰবাত চৰি আছে। দুজন সেনা পঠাই ঘোঁৰাটো আটক কৰি প্রাসাদলৈ নিয়াৰ ব্যৱস্থা কৰাৰ ।

ঘোঁৰাটো আটক কৰাৰ কাৰণে নিৰ্দেশ দিয়াৰ ফলত আলতামাচ উৎফুল্লিত হৈ উঠিল। সি ভাবিলে, ঘোঁৰাটো আটক কৰি প্রাসাদলৈ নিব পাৰিলে ৰস্তমক নিশ্চয় এসেকা দিব পৰা যাব। সেয়ে তাহমিনাৰ নিৰ্দেশ পোৱাৰ লগে লগে সি ঘোঁৰাটো আটক কৰি প্রাসাদলৈ নিয়াৰ বাবে দুজন সেনাক নির্দেশ দিলে।

ঘোঁৰা বিচাৰি সেনা দুজন বননিৰ মাজ অদৃশ্য হৈ পৰিল। সেনা দুজন চকুৰ আঁৰ হোৱাত তাহমিনা বিজয়ৰ আনন্দত উল্লসিত হৈ উঠিল। নাৰীয়ে আশ্ৰয় বিচাৰে- নিৰাপদ আশ্রয়। পুৰুষৰ বুকুই নাৰীৰ বাবে নিৰাপদ আশ্রয়। কস্তমৰ বুকুই তাইৰ কাৰণে নিৰাপদ আশ্রয় বুলি উপলব্ধি হ'ল তাহমিনাৰ। কথাটো ভবাৰ লগে লগে এক মিঠা অনুভূতিত তাইৰ চকুৰপতা মুদ খাই আহিল। চকুযোৰ মুদিয়ে তাই বাগী চলাবলৈ নিৰ্দেশ দিলে।

খট্‌খটালব ধ্বনি তুলি ঘোঁৰাই চেঁকুৰ মেলিলেঘোঁৰাৰ খুৰাৰ শব্দত তাহমিনাই ধ্রুপদী সুৰৰ মূৰ্চ্ছনা শুনিবলৈ পালে। বতাহৰ সূহুৰিত শুনিবলৈ পালে মিলনৰ মধুৰ গীতি। কল্পনাতকৈ যেন পৃথিবীত আন কোনো মিঠা অনুভূতি নাই এনেকুৱা উপলব্ধিত তাইৰ দেহ-মন আচ্ছন্ন হৈ পৰিল।

*        *        *

 

 

 

 

 

                                                  (দুই)

 

ইফালে তাহমিনা আৰু সৈনিককেইজন গুচি যোৱাৰ পাছত ঠাইডোখৰ নিজম পৰি গ'ল। নৈঃশব্দই চৌদিশ আগুৰি ধৰিলে। নৈঃশব্দৰো ভাষা আছে। আকর্ষণ আছে। নৈঃশব্দই মানুহৰ হৃদয়ত ভাৱৰ লহৰ তোলে। অনামী উদাস ভাবে হৃদয় আচ্ছন্ন কৰি তোলে। ৰুস্তম এজন সৈনিক। যুদ্ধ-বিগ্ৰহ অৰ্থাৎ মানুহৰ জীৱনলৈ খেলাই তেওঁৰ ধৰ্ম। সহজাত প্ৰেম-প্ৰীতি-স্নেহ-ভালপোৱাৰ বিশেষ কোনো মূল্য নাই তেওঁৰ ওচৰত। প্ৰকৃতিৰ বিপুল সৌন্দৰ্য সম্ভাৰ উপভোগ কৰাৰ মন বা মানসিকতা কোনোটোৱে নাই তেওঁৰ।

কিন্তু তাহমিনাক দেখাৰেপৰা তেওঁৰ হৃদয়ত যেন কিবা এক মিঠা অনুভূতিয়ে আলোড়ন তুলিছে। তেওঁৰ সৰ্বশৰীৰত যেন এক বুজাব নোৱাৰা উত্তাপ বিয়পি পৰিছে। তেওঁৰ ধাৰণা হ', তাহমিনাৰ আমন্ত্ৰণ মুখত প্ৰত্যাখান কৰিলেও হৃদয়ৰপৰা যেন তেওঁ প্ৰত্যাখান কৰিবপৰা নাই। প্রত্যাখান কৰাৰ ইচ্ছা বা শক্তি কোনোটোৱে যেন নাই তেওঁৰ।

নির্জনতাৰ পটভূমিত তাহমিনাৰ মুখৰ প্ৰতিচ্ছবি পুনৰ ৰস্তমৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল আৰু এক ৰোমাঞ্চকৰ মিঠা অনুভূতিত তেওঁৰ হৃদয় আলোড়িত হৈ উঠিল।

শ্যামলিমাৰো এক বিশেষ আকর্ষণ আছে। ৰাস্তমৰ হৃদয় শ্যামলিমাৰ সেই আকৰ্ষণত ৰোমাঞ্চিত হৈ উঠিল।

প্ৰকৃতিৰ নিবিড় সান্নিধ্যত সৰু-বৰ অলেখ গছ-বিৰিখ। তাৰে মাজে মাজে নানা প্ৰজাতিৰ জোপোহা আৰু বিভিন্ন লতা জাতীয় গছৰ সমাহাৰ। গছসমূহৰ প্ৰতিজোপাই সেউজীয়া। কিন্তু সেই সেউজীয়াৰ মাজতো বিশেষত্ব বিদ্যমান। কোনোবাটোৰ পাতৰ ৰং গাঢ় সেউজীয়া আৰু কোনোবাটোৰ আকৌ পাতল সেউজীয়া। কোনো এজোপা গছৰ পাতৰ লগত আন এজোপা গছৰ পাতৰ ৰঙৰ মিল নাই।

প্ৰতিটো পাতৰ আকাৰতো বিশেষত্ব বিদ্যমান। সৰু-বৰ, ঘূৰণীয়া, চিৰলা-চিৰল নানা তৰহৰ পাতৰ পয়োভৰ। খণ্ডতাৰ মাজতে যেন অখণ্ডতাই নিজস্ব মহিমা প্ৰকাশ কৰি আছে।

সৃষ্টিৰ এই অভিনৱত্ব প্ৰত্যক্ষ কৰি ৰুস্তমৰ হৃদয়ত দাৰ্শনিক ভাৱৰ লহৰ উঠিল। নীটে শিলৰ বুকু ভেদ কৰি নিজৰা বোৱাৰ দৰে ৰস্তমৰ বজ্ৰ কঠোৰ হৃদয় ভেদ কৰি প্ৰকৃতি প্ৰেমৰ ফল্গুধাৰা ব'বলৈ ধৰিলে।

ডালে ডালে মুক্ত বিহংগৰ দল কলৰৱ কৰি ফুৰিছে। সিহঁতৰ কল-কাকলিত বনভূমি মুখৰ হৈ উঠিছে। ইয়াতো ধ্বনিত হৈছে খণ্ড ৰূপত অখণ্ড সুৰৰ মূৰ্চ্ছনা।

নানাবিধ সৌন্দৰ্যৰ উপকৰণে ৰুস্তমৰ ভাৱনাৰ পৰিধি বহলাই তুলিলে। স্বপ্নাচ্ছন্নৰ দৰে তেওঁ বহাৰপৰা উঠি গছ-গছিনৰ মাজে মাজে ঘূৰি ফুৰিবলৈ ধৰিলে। বিশ্বখন যেন তেওঁৰ চকুৰ আগত নতুনকৈ উদ্ভাসিত হৈ উঠিল। ফলত প্ৰকৃতিৰ নিবিড় সান্নিধ্যত তেওঁ অপূর্ব মাদকতা উপলিব্ধ কৰিবলৈ ধৰিলে।

কিছুদূৰ অহাৰ পাছত বস্তমৰ চকুত পৰিল নানাবিধ বনৰীয়া ফুল। ফুলে ফুলে বাৰে-বৰণীয়া পখিলাৰ জাক উৰি ফুৰিছে। বতাহত ভাহি ফুৰিছে ফুলৰ মিঠা সৌৰভ। সৰু ল'ৰাৰ দৰে তেওঁ পখিলাৰ পিছে পিছে লৰি ফুৰিবলৈ ধৰিলে। পখিলা খেদি বহু সময় লৰা-ঢপৰা কৰাৰ পাছত তেওঁৰ হঠাৎ ঘোঁৰাটোৰ কথা মনত পৰিল। লগে লগে তেওঁ বেলিটোলৈ চাই পঠিয়ালে। বেলিটো তেতিয়া পশ্চিমাকাশত বহুদূৰ আগবাঢ়ি গৈছিল। বেলিৰ অৱস্থান দেখি তেওঁ সজাগ হৈ উঠিল। তাহমিনাৰ মুখৰ সলনি তেওঁৰ চকুৰ আগত ফাতিমাৰ মুখৰ প্ৰতিচ্ছবি ভাহি উঠিল। ফাতিমাৰ কথা মনত পৰাৰ লগে লগে শিশু সন্তান খুৰমৰ কথা মনত পৰি গ'ল। ফলত তেওঁ ইৰাণলৈ যাবলৈ ব্যাকুল হৈ উঠিল। ৰাক্স ৰাক্স' বুলি মাতি তেওঁ গছ-গছনিৰ মাজে মাজে আগবাঢ়িবলৈ ধৰিলে।

ৰস্তমৰ ঘোঁৰাৰ নাম ৰাক্স। বগলি পাখিৰ দৰে বগা বৰণ। থুলন্তৰ। বৰ প্ৰভু ভক্ত। ৰাক্স তেওঁৰ সৈনিক জীৱনৰ ঘনিষ্টতম বন্ধু। বহু আসন্ন বিপদৰপৰা ৰাক্সে তেওঁৰ জীৱন ৰক্ষা কৰিছে। মৰমতে তেওঁ ঘোঁৰাটোক ৰাক্স বুলি মাতে। ৰাক্স য'তেই নাথাকক কিয়, তেওঁৰ মাত শুনিলে চিঁ-হি-হি বুলি সঁহাৰি জনাই লৰি আহে।

কিন্তু বহুপৰ মতাৰ পাছতো ৰস্তমে ৰাক্সৰপৰা কোনো ধৰণৰ সঁহাৰি নপালে বা লৰিও নাহিল। সেয়ে ৰাক্সৰ অমংগল আশংকাত তেওঁ ব্যাকুল হৈ উঠিল। ৰাক্সক মাতি মাতি বলিয়াৰ তেওঁ বনভূমি চলাথ কৰিবলৈ ধৰিলে। কিন্তু নাই, ৰাক্সৰ কোনো সঁহাৰি নাই। বহু সময় বিচৰাৰ পাছতো ৰাক্সৰ কোনো সন্ধান উলিয়াব নোৱাৰি তেওঁ বনভূমিৰপৰা ওলাই আহিল।

কস্তমে কেউফালে দৃষ্টি প্ৰসাৰিত কৰিলে। অনতিদূৰত সুউচ্চ অট্টালিকাৰ গম্বুজ শিখৰ তেওঁৰ চকুত পৰিল। অট্টালিকাটো অনুমান এক কিলোমিটাৰ আঁতৰত। গম্বুজাকৃতিৰ সুউচ্চ শিখৰত সূৰ্য কিৰণ পৰাত শিখৰটো চকু চাট মাৰি যোৱাকৈ তিৰ্বিৰাই আছিল। অট্টালিকাটো চামান গাঁৰ ৰাজপ্রাসাদ বুলি অনুমান কৰিবলৈ কস্তমৰ অসুবিধা নহ'ল।

ৰাজপ্রাসাদটো দেখি ৰস্তমৰ মনত এটা বুদ্ধি খেলালে। ৰাক্স চাহজাদীৰ ঘোঁৰাৰ লগতো যাব পাৰে বুলি তেওঁ ভাবিলে। ভবা মতেই তেওঁ ৰাক্সক মতি মাতি ৰাজপ্রাসাদৰ ফালে আগবাঢ়িবলৈ ধৰিলে। ৰাজপ্রাসাদৰ কাষ পোৱাৰ লগে লগে ৰাক্সে চি-হি-হি বুলি সঁহাৰি জনালে।

ৰাক্সৰপৰা সঁহাৰি পাই ৰস্তম উৎসাহিত হৈ উঠিল। তেওঁ দুগুণ উৎসাহেৰে ৰাজপ্রাসাদৰ ফালে আগবাঢ়িল। কিন্তু আনদিনাৰ দৰে ৰাক্স দৌৰি নাহিল। আর্তভাবে মাথোন সঁহাৰিহে দি যাবলৈ ধৰিলে।

ৰাক্সক আটক কৰি আস্তাৱলত বান্ধি ৰখা হৈছে বুলি ৰুস্তমৰ মনত সন্দেহ উপজিল। গতিকে তেওঁ শংকিত ব্যাকুল পদক্ষেপত ৰাক্সে সঁহাৰি জনোৱা ঠাইডোখৰৰ ফালে আগবাঢ়িল। কিন্তু ৰাক্সৰ ওচৰলৈ যোৱাৰ আগতে তেওঁ বাধাপ্রাপ্ত হ'ল। এদল সৈনিকে তেওঁক আগভেটি ধৰিলে।

সৈনিককেইজনৰপৰা বাধা পাই ৰুস্তম ক্ষিপ্ত হৈ উঠিল। কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ তেওঁ তৰোৱাল কোষমুক্ত কৰি সৈনিককেইজনৰ ওপৰত জঁপিয়াই পৰিল।

সৈনিককেইজনেও প্রত্যাক্রমণ চলালে। কিন্তু কস্তমৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি সিহঁত মুহূৰ্তৰ ভিতৰতে ছেদেলি-ভেদেলি হৈ পৰিল।সৈনিককেইজন ছেদেলি-ভেদেলি হৈ পৰাৰ লগে লগে ৰুস্তম মত্ত হাতীৰ দৰে আস্তাৱলৰ ফালে আগবাঢ়িল।

আস্তৱলৰ সন্মুখতো ৰস্তমক বাধা দিয়াৰ কাৰণে এদল সৈনিক ৰৈ আছিল। কিন্তু ৰস্তমৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি সিহঁতো ফৰিং ছিটিকাদি পলাল।

আস্তৱলৰ দুৱাৰখন লোৰে নিৰ্মিত। কস্তমে গাৰ বলেৰে দুৱাৰখন ঠেলিবলৈ ধৰিলে। তেওঁৰ দেহৰ চাপত আস্তাৱলটো ভূঁইকঁপৰ জোকাৰণিৰ দৰে থৰক-বৰককৈ লৰি উঠিল। এই ছেগতে পুনৰ এদল সৈনিক ৰুস্তমক বাধা দিবলৈ আগবাঢ়ি আহিল। কিন্তু ৰুস্তমৰ পৰাক্ৰম দেখি সিহঁত বিস্ময় আতংকত থমকি ৰৈ গ'ল। এটা সময়ত দুৱাৰখন উফৰি পৰিল আৰু ৰুস্তম আস্তাৱলৰ ভিতৰলৈ সোমাই আহিল।

আস্তাৱলৰ ভিতৰলৈ সোমাই আহিও ৰুস্তুম আন এজন দৈত্যাকায় সৈনিকৰ সন্মুখীন হ'ল। ৰুস্তমৰ পৰাক্ৰম প্ৰত্যক্ষ কৰি সৈনিকজন ভীত সন্ত্ৰস্ত হৈ উঠিছিল যদিও শেষ মুহূৰ্তত সি সাহস সঞ্চয় কৰি তৰোৱাল দাঙি ৰস্তমক বাধা দিবলৈ আগবাঢ়ি আহিল। সৈনিকজনে আঘাত কৰিবলৈ উদ্যত লগে লগে ৰুস্তম ক্ষিপ্ৰ হাতেৰে সৈনিকজনৰ হাতত ধৰি জোকাৰি দিলে। সৈনিকজনৰ হাতৰপৰা তৰোৱালখন সুলকি কেইহাতমান আঁতৰলৈ গৈ ছিটিকি পৰিল।

ৰস্তমে হেলাৰঙে সৈনিকজনক কাষলতিৰ চেপাত পেলাই ৰাক্সৰ ফালে আগবাঢ়িল। ৰুস্তমক দেখি ৰাক্স উত্তেজিত হৈ উঠিল। সি শিকলি চিঙি মুক্ত হ'বলৈ জঁপিয়াবলৈ ধৰিলে। ৰুস্তম ৰাক্সৰ ওচৰলৈ আহি শিকলি খুলি ৰাক্সক মোকলাই দিলে। মুক্তিৰ আনন্দত ৰাক্সে কস্তমৰ কান্ধৰ ওপৰত ভৰি তুলি দি চিঁ-হি-হি বুলি চিঞৰি আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে।

ৰস্তমৰ কাষলতিৰ চেপাত শ্বাসৰুদ্ধ হৈ সৈনিকজনে ইতিমধ্যে মৃত্যুবৰণ কৰিছিল। কাষলতিৰ চেপাৰপৰা এৰি দিয়াৰ লগে লগে সৈনিকজন ধুপুচকৈ মাটিত সৰি পৰিল। কস্তমে এবাৰ মাথোন সৈনিকজনৰ ফালে চায়ে ৰাক্সৰ গাত হাত বুলাই মৰম কৰি ক'লে- ৰ’, শান্ত হ। তই এতিয়া মুক্ত। কোনেও এতিয়া তোৰ ক্ষতি কৰিব নোৱাৰে।

প্ৰভুৰপৰা মৰম পাই ৰাক্স শান্ত হ'ল। সি কান্ধৰপৰা ভৰি নমাই ৰস্তমৰ গাত থুতৰি ঘঁহিবলৈ ধৰিলে। ৰাক্সৰ লেকামত ধৰি ৰুস্তম আস্তাৱলৰপৰা বাহিৰলৈ ওলাই আহিল।

ৰস্তমৰ বীৰত্ব কাহিনী লোকগঁথাৰ দৰে সমগ্ৰ আৰবৰ মানুহৰ মুখে মুখে প্রচলিত আছিলগতিকে ৰুস্তম চামান গাঁলৈ অহাৰ বাতৰি পাই তেওঁক চাবলৈ ইতিমধ্যে বহু মানুহ আহি আস্তাৱলৰ সন্মুখত ভিৰ কৰিছিল। সাধাৰণ মানুহৰ লগতে সেই ভিৰৰ মাজত সভ্রান্ত নাগৰিক সমন্বিতে স্বয়ং বাদচাহ চাহৰিয়াৰো উপস্থিত আছিল।

ৰুস্তম বাহিৰলৈ ওলাই অহাৰ লগে লগে বাদচাহ চাহৰিয়াৰ আগবাঢ়ি আহি ক'লে- ধৃষ্টতা মার্জনা কৰিব, মহামহিম। আচলতে সৈনিককেইজনৰ গাত কোনো দোষ নাই। সিহঁতে মাথোন চাহজাদীৰ নিৰ্দেশহে পালন কৰিছে।

কস্তমে পর্যবেক্ষণৰ দৃষ্টিত চাহৰিয়াৰৰ ফালে চালে। এগৰাকী সৌম্য দৰ্শন বৃদ্ধ। মূৰৰ চুলি বগলি পাখিৰ দৰে বগা। পিন্ধোনত মণি-মুক্তা খচিত সাজ-পাৰ। মূৰত ৰাজমুকুট। চকু-মুখত বিস্ময় মিহলি বিনয়ৰ অভিব্যক্তি।

সাজ-পাৰ আৰু ৰাজমুকুটলৈ লক্ষ্য কৰি ৰস্তম সজাগ হৈ উঠিল। বৃদ্ধগৰাকীক চামান গাঁৰ বাদচাহ বুলি উপলব্ধি কৰিব তেওঁ অভিবাদন জনাই ক'লে- তথাপি চাহজাদীয়ে এনেকুৱা আচৰণ কৰাটো উচিত হোৱা নাই।

চাহৰিয়াৰে কিবা মন্তব্য কৰাৰ আগতেই তাহমিনা আহি সেইখিনি পালেহি। তাই কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়া ভাবে কলে- বলেৰে নোৱাৰা কাম এটা বুদ্ধিৰেই সমাধা কৰিব লাগে। মই তাকেই কৰিছো।আপুনি স্বইচ্ছাই নিমন্ত্রণ গ্রহণ কৰিলে ম‍ই এইদৰে ধৃষ্টতা কৰিব লগা নহ'লহেঁতেন। মই আকৌ আপোনাক অনুৰোধ কৰিছে, মাথোন এটা ৰাতি আপুনি আমাৰ ইয়াত থাকি যাওঁক। কাইলৈ ৰাতিপুৱাই আপোনাক বিদায় দিয়া হ'ব।। এইদৰে কৈয়ে তাই অভিযোগৰ সুৰত ক'লে- যদি নিমন্ত্ৰণ গ্ৰহণ নকৰে, তেনেহ'লে ভাবিম, ঘোঁৰাটো আটক কৰি মই অমার্জনীয় অপৰাধ কৰিছো।

ৰস্তমে কৈফিয়তৰ সুৰত ক'লে- আপুনি অপৰাধ কৰিছে সঁচা, সেই বুলি অমার্জনীয় অপৰাধ কৰা নাই। মোৰ অসুবিধাৰ কাৰণেহে ম‍ই নিমন্ত্ৰ ণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিলো।

তাহমিনাই আবেগ জড়িত কণ্ঠত ক'লে- আপোনাক চাবলৈ কিমান মানুহ আহি গোট খাইছে আপুনি লক্ষ্য কৰা নাই জানো? আতিথ্য গ্রহণ কৰিলে এইসকল মানুহ কিমান আনন্দিত হ'ব আপুনি এবাৰ ভাবি চাওঁকচোন। এইদৰে কৈয়ে তাই অভিযোগৰ সুৰত ক'লে- যদি আপুনি ভাবিছে, আপোনাক আতিথ্য দিয়াৰ ক্ষমতা চামান গাঁৰ নাই তেনেহ'লে সেয়া বেলেগ কথা। এতিয়া আপোনাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে। এই বিষয়ে আমি আপোনাক জোৰ নকৰো।

অৱশেষত কস্তমে নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ বাধ্য হ'ল- বাৰু, মোৰ আতিথ্যই যদি আপোনালোকক সুখী কৰে, তেনেহ'লে নিমন্ত্রণ গ্রহণ কৰিলো।

ৰুস্তমৰ মুখৰপৰা কথাষাৰ বাহিৰ হোৱাৰ লগে লগে সমবেত জনতাই ৰস্তমৰ জয়ধ্বনি দি উঠিল- জয়, মহাবীৰ ৰুস্তমৰ জয়......জয় বাদচাহ চাহৰিয়াৰৰ জয়.....

ৰস্তমে আমন্ত্ৰণ গ্ৰহণ কৰাৰ ফলত চাহৰিয়াৰো উৎফুল্লিত হৈ উঠিল। তেওঁ ৰখীয়া, পৰিচাৰক, পৰিচাৰিকাসকলক উদ্দেশ্য কৰি ক'লে- হেৰা, কোন ক'ত আছা? অতিথি আপ্যায়নৰ ব্যৱস্থা কৰা।

ৰুস্তমৰ সন্মানত নহবত বাজি উঠিল আৰু ৰাজকীয় মৰ্যদাৰে ৰস্তমক আদৰি নিয়াৰ ব্যৱস্থা কৰা হ'ল।

ৰুস্তমে আতিথ্য গ্ৰহণ কৰাৰ ফলত সমগ্ৰ ৰাজ্য ব্যাপী আনন্দৰ সোঁত বৈ গ'ল। জনসাধাৰণৰ উৎসাহ উদ্দীপনা দেখি ৰুস্তম নিজেও অভিভূত হৈ পৰিল। স্বতঃস্ফূর্ত ভাবে তেওঁ সেই আনন্দৰ জোৱাৰত গা এৰি দিলে।

*        *        *

 

 

 

 

                                                  (তিনি)

পাছদিনা ৰাতিপুৱা জলপান গ্ৰহণ কৰা পাছত ৰুস্তম ৰাক্সৰ খবৰ ল'বলৈ আহিল। ৰাক্সক ইতিমধ্যে দানা-পানী খুওৱা হৈ গৈছিল। ৰাক্সৰ গা-মূৰ পিহি মৰম কৰি তেওঁ পুনৰ নিজৰ কক্ষলৈ আহি যাত্ৰাৰ আয়োজনত ব্যস্ত হৈ পৰিল। এনেতে তাহমিনা আৰু চাহৰিয়াৰ কক্ষৰ ভিতৰলৈ সোমাই আহিল।

বাদচাহক অভিবাদন জনাই ৰুস্তমে ক'লে- জাহাপনা, মই এতিয়াই যাত্ৰা কৰাৰ কথা ভাবিছো।

চাহৰিয়াৰে ক'লে- আপুনি এই বিষয়ে চিন্তা কৰিব নালাগে। যথা সময়তে আপোনাক বিদায় দিয়া হ'ব। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এটা ৰাতি আমাৰ মাজত কটোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। সময় সুযোগ পালে পুনৰ আহিবলৈ দ্বিধাবোধ নকৰিব। আপোনাৰ কাৰণে চামান গাঁ ৰাজপ্রাসাদৰ দুৱাৰ সদায় খোলা থাকিব।

ৰস্তমে কৃতজ্ঞতা প্রকাশ কৰি ক'লে- আপোনালোকৰ সান্নিধ্যত এটা ৰাতি কটাবলৈ পাই ম‍ই নিজক ধন্য মানিছো। আপোনালোকৰ সেৱা- যত্নৰ কথা চিৰদিন মোৰ মনত থাকিব।

মাজতে তাহমিনাই ক'লে- আপোনাৰ আগমন অপেক্ষাত আমি বাট চাই থাকিম, এই কথা কিন্তু আপুনি পাহৰি নাযাব।

নিশ্চয় নাপাহৰো আৰু আপোনালোকক মই নিৰাশো নকৰো। সময় সুযোগ বুজি এদিন নিশ্চয় আহিম।

এইদৰে কথা পাতি থাকোতেই পৰিচাৰক এজন ফোপাই-জোপাই সোমাই আহি ক'লে- জাহাপনা, ধৃষ্টতা মার্জনা কৰিব। ভাৰতবৰ্ষৰপৰা অনা দঁতাল হাতীটোৱে বলিয়ালি আৰম্ভ কৰিছে। সি শুঁড়েৰে মেৰিয়াই আছাড়ি মাউতক হত্যা কৰিছে। বর্তমান হাতীটোৱে গছ-গছনি ভাঙি তাণ্ডৱৰ সৃষ্টি কৰি আছে।

চাহৰিয়াৰে উৎকণ্ঠিত ভাবে ক'লে- মাউতক হত্যা কৰিছে? হাতীটোক কৰায়ত্ত কৰা হোৱা নাই নেকি?

ফান্দী এজনে হাতীটো কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে; কিন্তু সি সফল হোৱা নাই।

ৰুস্তমে উৎকণ্ঠিত কণ্ঠত ক'লে- বৰ্তমান হাতীটো আছে ক'?

অনতিদূৰত এজোপা গছৰ তলত ৰৈ ডাল-পাত ভাঙি মহতিয়াই আছে।

লাচোন, হাতীটো ক'ত আছে চাওঁগৈ৷ ৰুস্তমে কলে।

ফান্দী আহিছে যেতিয়া চিন্তা নাই। তাহমিনাই ক'লে- আপুনি যাব নালাগে।

বৰকৈ হেনো বলিয়ালি কৰিছে আৰু ইতিমধ্যে মাউত এজনকো হত্যা কৰিছে। পলম হ'লে আৰু অঘটন ঘটাব পাৰে। গতিকে যিমান সোনকালে সম্ভৱ হাতীটো কৰায়ত্ত কৰা প্ৰয়োজন। এইদৰে কৈয়ে ৰুস্তমে পৰিচাৰকজনক উদ্দেশ্য কৰি ক'লে- বলা, হাতীটো ক'ত আছে চাওঁগৈ।

ৰুস্তম আৰু পৰিচাৰক হাতী বিচাৰি ওলাল। কিছুদূৰ অহাৰ পাচত তেওঁলোকে এডাল গছৰ তলত হাতীটোক ৰৈ থকা দেখিলে। পৰিচাৰকে কোৱামতেই হাতীটোৱে গছডালৰ ডাল-পাত ভাঙি মহতিয়াই আছিল। সমবেত মানুহবিলাকে নিৰাপদ দূৰত্বত ৰৈ হাতীটোৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰি আছিল। দুজন ফান্দী দুটা হাতীৰ পিঠিত বহি হাতীটোৰপৰা কিছু দূৰত ৰৈ আছিল। ফান্দীৰ ওচৰলৈ আহি ৰস্তমে অংকুশ খুজিলে- মোক এডাল অংকুশ দিয়া।

ৰস্তমক চিনিব পাৰি এজন ফান্দীয়ে বিনাদ্বিধাই এডাল অংকূশ দিলে। অংকূশটোলৈ ৰুস্তম হাতীৰ ফালে আগুৱাই গ'ল। হাতীটোৰপৰা পোন্ধৰ ষোল্ল হাতমান আঁতৰত থাকোতেই হাতীটোৱে ৰুস্তমৰ ফালে চোঁচা ল'লে। সমবেত মানুহবিলাক উৎকণ্ঠিত হৈ উঠিল। ইফালে ৰস্তমে নিৰ্বিকাৰ বাবে হাতীটোৰ আগমনলৈ অপেক্ষা কৰি থাকিল। হাতীটো ৰুস্তমৰ কাষ পাই ৰস্তমক শুঁড়েৰে মেৰিয়াই ধৰিবলৈ উদ্যত হ'ল। ৰস্তমে ক্ষিপ্ৰহাতেৰে হাতীটোৰ শুঁড়ত গবা মাৰি ধৰিলে। হাতীটোৱে ৰস্তমক দলিয়াই পেলাবলৈ চেষ্টা চলালে; কিন্তু বিফল চেষ্টা। হাতীটোৱে ৰস্তমক দলিয়াই পেলাবলৈ সক্ষম নহ'ল। সুযোগ বুজি ৰুস্তমে অংকূশটো হাতীটোৰ কাণত শালি পেলালে। হাতীটো যন্ত্ৰণাত ছটফটাই উঠিল। ছেগ বুজি কস্তমে হাতীটোৰ শুঁড় বগাই পিঠিত উঠি বহিল। পিঠিত উঠি বহাৰ লগে লগে হাতীটো শান্ত হৈ পৰিল। পিছে পিছে আহি থকা ফান্দীক ৰস্তমে হাতীটোৰ ভৰিত শিকলি লগাবলৈ নিৰ্দেশ দিলে। সুযোগ বুজি ফান্দীয়ে হাতীটোৰ ভৰিত শিকলি লগালে। হেলাৰঙে হাতীটোক কৰায়ত্ত কৰা দেখি সমবেত মানুহবিলাকে ৰস্তমৰ জয়ধ্বনি দিলে- জয় মহাবীৰ ৰস্তমৰ জয়....জয় বাদচাহ চাহৰিয়াৰৰ জয়.....

ৰুস্তম জনতাৰ কাষলৈ আহি হাতীৰ পিঠিৰপৰা নামিল। ইতিমধ্যে তাহমিনা আৰু চাহৰিয়াৰো সেইখিনি আহি পাইছিলহি। চাহৰিয়াৰ আগবাঢ়ি আহি ক'লে- এইদৰে জীৱন বিপন্ন কৰি হাতীটোক কৰায়ত্ত কৰিবলৈ যোৱাটো উচিত হোৱা নাই। বাৰু, যি হ'বৰ হৈ গৈছে। কোনো অঘটন নঘটাকৈ হাতীটোক কৰায়ত্ত কৰাৰ কাৰণে আল্লাহক অশেষ ধন্যবাদ।

তাহমিনা আগবাঢ়ি আহি ক'লে- কালি আপোনাৰ বীৰত্ব প্ৰত্যক্ষ কৰিছো, আজিও আকৌ কৰিলো। সঁচাকৈয়ে আপোনাৰ বীৰত্বৰ তুলনা নাই। আপুনি অতুলনীয়। এইদৰে প্ৰশংসা কৰাৰ পাছত হঠাৎ তাই কৈ উঠিল- আৰে, আপোনাৰ কুৰ্তাত দেখোন তেজৰ চেকা লাগি আছে! চাওঁ, ত লাগিছে? এইদৰে কৈ তাই ৰুস্তমৰ ফালে আগবাঢ়ি আহিল।

সমবেত মানুহবিলাকে ৰস্তমৰ ফালে চালে। ৰস্তমৰ বাঁও কাষলতিৰ তলত বহু ঠাই ব্যাপী তেজ লাগি থকা আটায়েৰে চকুত পৰিল। ৰুস্তমে কাষলতিত খেপিয়াই চালে। তেওঁৰ হাতত তেজৰ চেকা লাগি আহিল। তেওঁ কাষলতিৰ ফালে চালে। কাষলতিৰ তলত কুৰ্তাত তেওঁ নিজেও তেজৰ চেকা প্ৰত্যক্ষ কৰিলে। তেওঁ ক'লে- একো নহয়, হাতীৰ লগত যুঁজি থাকোঁতে অংকুশৰ সামান্য আঘাত লাগিব পাৰে। ঠিক হৈ যাব।

তাহমিনাই ব্যস্ত ভাবে কলে- আঘাত সামান্যই হওঁক বা গভীৰেই হওঁক, আঘাত, আঘাতেই। বলক, হেকিম মাতি ঘাঁত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব।

চাহৰিয়াৰে ব্যস্ত ভাবে ক'লে- যোৱা, এজনে গৈ তুৰন্তে হেকিম মাতি আনাগৈ।

চাহৰিয়াৰৰ আদেশ পাই পৰিচাৰক এজন হেকিম মাতিবলৈ দৌৰি গ'ল৷

কস্তম সমন্বিতে আটায়ে ৰাজপ্রাসাদ পালেহি। কুর্তা খুলি হেকিমে ক্ষতস্থান পৰীক্ষা কৰি ক'লে- আঘাত সামান্য হলেও গভীৰলৈ সোমাই গৈছে। ঘাঁ ধুই-পখালি ঔষধ লগাব লাগিব।

হেকিমে ঘাঁ ধুই ঔষধ লগাই পটি বান্ধি কলে- কেইদিনমান বিশ্রামত থাকিব লাগিব। জোকাৰণি খালে পুনৰ তেজক্ষৰণ হ'ব পাৰে।

ৰস্তমে চিন্তিত কণ্ঠত কলে- কিন্তু ম‍ই আজিয়ে ইৰাণলৈ যোৱাটো জৰুৰী।

সম্ভৱ নহয়। ঘোঁৰা চেঁকুৰালে পুনৰ তেজক্ষৰণ হ'ব। হেকিমে অভিমত ব্যক্ত কৰিলে।

তাহমিনাই মাজতে ক'লে- আগতে নিজৰ নিৰাপত্তাৰ কথা চিন্তা কৰক, পাছত ইৰাণৰ কথা চিন্তা কৰিব। এতিয়া হেকিমে যি পৰামৰ্শ দিছে সেই মতে কাম কৰক।

চাহৰিয়াৰে তাহমিনাক সমৰ্থন কৰি ক'লে- মই আজিয়ে আপোনাৰ আঘাতৰ কথা জনাই ইৰাণলৈ দূত পঠিয়াই দিমহি।

দূত পঠোৱাৰ কথা শুনি ৰুস্তম ব্যস্ত হৈ উঠিল। কাৰণ দূত পঠালে ঘটনাটোৱে বেলেগ ৰূপ ল'ব পাৰে বুলি ভাবি তেওঁ ক'লে- নাই নাই, দূত পঠোৱাৰ প্ৰয়োজন নাই। দূত পঠালে আটায়ে চিন্তা কৰিব। কোনোবাই খবৰ কৰিবলৈ আহিলে তেতিয়া জনালেই হ'ব। এইদৰে কৈ তেওঁ হেকিমক উদ্দেশ্য কৰি সুধিলে- কেইদিন বিশ্রামত থাকিব লাগিব?

কমেও চাৰিদিন। হেকিমে ক'লে।

*        *        *

 

 

 

 

                                         (চাৰি)

হেকিমৰ পৰামৰ্শ অনুসৰি ৰুস্তম চাৰিদিন বিশ্ৰামত কটালে। চাৰিদিন পাছত হেকিম আহি পটি খুলি ঘাঁডোখৰ পৰীক্ষা কৰি ক'লে- চিন্তাৰ কোনো কাৰণ নাই। ঘাঁ শুকাবলৈ আৰম্ভ কৰিছে। এসপ্তাহৰ ভিতৰতে ঘাঁডোখৰ সম্পূৰ্ণৰূপে শুকাই যাবহি।

ৰস্তমে নিজেও ঘাঁডোখৰ ওপৰত চকু ফুৰালে। ঘাঁৰ ওপৰত শুকান চামনি এটা পৰিছিল। সেয়ে সাধাৰণ দৃষ্টিত ঘাঁডোখৰ শুকোৱা যেনেই লাগিল। কালিৰপৰা বিষো নাই। সেয়ে তেওঁ ক'লে- ঘাঁডোখৰ শুকোৱা যেনেই লাগিছে। বিষো নাই। এতিয়া নিশ্চয় ঘোঁৰা চেঁকুৰোৱাত বাধা নাই?

হেকিমে ক'লে- ওপৰত শুকোৱা যেন লাগিলেও ভিতৰত কেঁচা হৈয়ে আছে। গতিকে আৰু কিছুদিন বিশ্রামত কটাব লাগিব। অত্যধিক চাপ পালে পুনৰ তেজক্ষৰণ হ'ব।

ৰস্তমে চিন্তিত কণ্ঠত কলে- মহামহিম, সাধাৰণ ভাবে ফুৰা-চকা কৰিলেও অসুবিধা হ'ব নেকি? বিছনাত শুই বহি খুরেই অস্বস্তি অনুভৱ কৰি আছো।

নাই নাই, সাধাৰণ ভাবে ফুৰা-চকা কৰাত অৱশ্যে কোনো বাধা নাই। হেকিমে ক'লে- কিন্তু ঘোঁৰা চেঁকুৰাবলৈ হ'লে আপুনি অন্ততঃপক্ষে সাতদিন বিশ্রাম ল'বই লাগিব।

সাতদিন ঘোঁৰাত উঠি ফুৰিব নোৱাৰা মানে সাতদিন তেওঁ চামান গাঁত থাকিব লাগিব। কথাটো যিমান বেয়া লাগিব লাগিছিল, সিমান যেন বেয়া নালাগিল ৰুস্তমৰ। প্ৰকান্তৰে কথাটো যেন তেওঁ ভালেই পালে। কাৰণ চাহৰিয়াৰৰ আতিথেয়তা আৰু তাহমিনাৰ আন্তৰিকতাত তেওঁ বাৰুকৈয়ে মুগ্ধ হৈ পৰিছে। তাহমিনাকো যেন তেওঁৰ ভাল লাগিবলৈ আৰম্ভ কৰিছে। তাহমিনা কাষত থকা সময়খিনি কেনেকৈ পাৰ হয় তেওঁ যেন তুর্কিবই নোৱাৰে। তাহমিনাৰ উপস্থিতিত যেন তেওঁ ফুলৰ সুবাসৰ দৰে মিঠা অনুভূতি অনুভৱ কৰে। তাহমিনাৰ অনুপস্থিতিত যেন তেওঁ ব্যাকুল হৈ উঠে। বুকুখন উৰুঙা উৰুঙা লাগে। প্রথমদিনা দেখাৰ পাছত তাহমিনাৰ প্ৰতি তেওঁ যি আকর্ষণ অনুভৱ কৰিছিল এইকেইদিনত যেন সেই আকর্ষণ সুদৃঢ় ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত হৈ গৈছে।

কস্তমে হেকিমক কলে- বাৰু, আপুনি কৈছে যেতিয়া উপায় নাই। এইদৰে নিজৰ অভিমত ব্যক্ত কৰি তেওঁ সুধিলে- হাতীটোৱে পুনৰ বলিয়ালি কৰিছে নেকি, মহামহিম?

নাই নাই, ঠিকেই আছে। হেকিমে ক'লে- কোনোবা দুবৃত্তই হেনো নিচা খুৱাইছিল।

নিচা খুৱাইছিল? কিয়?

জানো! হেকিমে অজ্ঞতা প্রকাশ কৰি ক'লে- এচাম মানুহৰ কামেই হ'ল অশান্তি সৃষ্টি কৰা। তেনেকুৱা কোনোবা এজনেই শেন মেলি ৰং চোৱাৰ উদ্দেশ্যেই খুৱাইছিল হয়তো।

এইদৰে কথা পাতি থাকোতেই হেকিমে ঘাঁডোখৰ ধুই নতুনকৈ পটি বান্ধি দি ৰস্তমৰ সন্মুখত ঔষধ কিছুমান থৈ ক'লে- এই ঔষধবোৰ সময় মতে খাব। ম‍ই কাইলৈ আহি পুনৰ খবৰ লৈ যামহি। এইদৰে কৈ হেকিম গুচি গ'ল।

হেকিম ওলাই যোৱাৰ পাছত ৰুস্তম কক্ষৰপৰা ওলাই ৰাজোদ্যানলৈ আহিল। তেওঁ বেঞ্চ এখনত বহি এইকেইদিনত ঘটি যোৱা ঘটনাবোৰ জুকিয়াই চাবলৈ ধৰিলে। আঘাত পোৱা দিনৰেপৰা তাহমিনা তেওঁৰ লগত ছাঁৰ দৰে লাগি আছে। সময় মতে তাগিদা দি ঔষধ খুৱাইছে। পৰিচাৰিকাক তাগিদা দি গা-পা ধোৱাৰ ব্যৱস্থা কৰি দিছে। নিজে ওচৰত বহি খুৱাইছে। ইটো খাওঁক, সিটো খাওঁক বুলি আবদাৰ কৰিছে। এগৰাকী অভিভাৱকৰ দৰে ডাবি-ধমকি দিছে। বন্ধুৰ দৰে দিহা-পৰামৰ্শ আগবঢ়াইছে। তাহমিনাই তেওঁক এইকেইদিন কোনো অভাৱে উপলব্ধি কৰিবলৈ দিয়া নাই। এনেকি ফাতিমাৰ কথাও ভাবিবলৈ অৱসৰ দিয়া নাই। এইবোৰ কথা ভাবি থাকোতেই তাহমিনা আহি সেইখিনি পালেহি। তাই আহিয়ে অভিযোগৰ সুৰত ক'লে- কাকো নজনোৱাকৈ আপুনি এইদৰে উদ্যানলৈ আহিছে কিয়?

নাই... মানে... বস্তুমে কৈফিয়তৰ সুৰত ক'লে- শুই বহি আমনি লাগি আছিল। ইফালে হেকিমেও সাধাৰণ ভাবে ফুৰা-চকা কৰাত বাধা নাই বুলি ক'লে। সেয়ে গাটো টঙাবলৈ ওলাই আহিছো।

অকলে অকলে বহি কি ভাবি আছিল?

নাই...মানে আপোনাৰ কথাকে ভাবি আছিলো। ৰুস্তম অকপটে ক'লে।

মোৰ কথা! তাহমিনাই বিস্ময় প্রকাশ কৰি ক'লে- মোৰ কথাও আপুনি ভাবে নেকি? এইকেইদিন আপুনি মোৰ কাৰণে যি কৰিছে নাভাবি উপায় আছে জানো?

মই কি কৰিছো আপোনাৰ কাৰণে, দিগদাৰি কৰিছো নিশ্চয়?

দিগদাৰি!এনেকুৱা দিগদাৰি এজন পুৰুষে এগৰাকী নাৰীৰপৰা সদায় কামনা কৰে।

নাৰীয়ে পুৰুষৰ প্ৰশংসা শুনি ভাল পায়। ফলত ৰস্তমৰ প্ৰশংসা শুনি তাহমিনা পুলকিত হৈ উঠিল। তাই কৃত্ৰিম অভিযোগৰ সুৰত ক'লে- থওঁক থওঁক, ইমান প্রশংসা কৰিব নালাগে। আপোনাৰ কাৰণে ম‍ই কিনো কৰিছো! মোৰ কাৰণে আপুনি ইমান আলাই-আথানি হ'ব লগা হৈছে। আপোনাক আতিথ্য গ্ৰহণ কৰিবলৈ জোৰ নকৰিলে আপুনি এনেকৈ আলাই-আথানি হ'ব লগা নহ'লহেঁতেন। আচলতে ম‍ই তিৰস্কাৰৰহে যোগ্য, প্ৰশংসাৰ নহয়।

তেনেকৈ নক'ব। সেয়া মোৰ বিধিলিপি আছিল। ইয়াৰ বাবে আপুনি হীনমান্যতাত ভোগাৰ কোনো প্রয়োজন নাই। এইদৰে কৈয়ে ৰস্তমে দার্শনিকৰ দৰে ক'লে- বেয়াৰ মাজতো কেতিয়াবা ভাল নিহিত হৈ থাকে। শাপেই কেতিয়াবা বৰ হয়। মোৰ ক্ষেত্ৰতো সেয়াই হৈছে বুলি ভাবিব পাৰে।

মানে?

মানে অতি সহজ। এনেকৈ আঘাতপ্রাপ্ত নহ'লে আপোনাৰ সেৱা পোৱাৰ সৌভাগ্য হ'লহেঁতেন জানো?

এজনী নাৰীয়ে কৰিব লগা কামেই ম‍ই কৰিছো। ইয়াত আকৌ ভাগ্যৰ কি কথা আছে? আপুনি আমাৰ আতিথ্য গ্ৰহণ কৰাৰ কাৰণে আমিও ধন্য হৈছো। আপোনাক পাই দেউতাও প্ৰসন্ন হৈছে। আগতে দেউতাক ম‍ই কোনোদিন ইমান প্ৰসন্ন দেখা নাছিলো। আপুনি আতিথ্য গ্ৰহণ কৰাৰ পাছৰেপৰা দেউতাৰ শৰীৰত যেন নতুন উদ্যম সঞ্চাৰ হৈছে। আপুনি গুচি যোৱাৰ পাছত দেউতা পুনৰ আগৰ দৰে প্ৰিয়মান হৈ পৰিব। গতিকে আপোনাৰ বিদায়ৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ চিন্তা হৈছে, আপুনি গুচি যোৱাৰ পাছত দেউতাক মই কেনেকৈ চম্ভালিম।

আপোনাৰ দেউতাকৰ কাৰণে ময়ো দুঃখিত। ৰস্তমে সমবেদনা প্রকাশ কৰিলে।

মোৰ ধৰাণা হৈছে, দেউতাই যেন কিবা সপোন দেখি আছে। তামিনাই ৰহস্যময় ভংগীত ক'লে।

সপোন দেখি আছে! কস্তমে ব্যস্ত ভাবে সুধিলে- কি সপোন দেখি আছে?

সেয়া ময়ো নাজানো। তেওঁৰ আচাৰ-ব্যৱহাৰৰপৰা মাথোন ধাৰণাহে কৰিছো। হয়তো তেওঁৰ মনত মোৰ......

তাহমিনাই বাক্যটো শেষ কৰাৰ আগতেই পৰিচাৰিকা এগৰাকী তালৈ আহি ৰুস্তমক উদ্দেশ্য কৰি ক'লে- মহামহিম, জাহাপনাই আপোনাক স্মৰণ কৰিছে।

ৰস্তমে কলে- হয় নেকি? তুমি যোৱা, জাহাপনাক মই আহি আছো বুলি কোৱাগৈ।

পৰিচাৰিকা গুচি গ'ল। ৰুস্তমে তাহমিনাক উদ্দেশ্য কৰি ক'লে- সপোনৰ কথা পাছত শুনিম, বাৰু। এতিয়া বলক, জাহাপনাই কিয় স্মৰণ কৰিছে তাকে শুনোগৈ।

তাহমিনাই ৰুস্তমক সমৰ্থন কৰি ক'লে- বাৰু, লক।

*        *        *

 

 

 

 

 

(পৗঁছ)

সিদিনা ৰাতিপুৱা ৰস্তমে জা-জলপান গ্ৰহণ কৰাৰ পাছত তাহমিনা কক্ষৰ ভিতৰলৈ সোমাই আহি ক'লে- বলক, আজি আমি আৰব সাগৰৰ পাৰলৈ ফুৰিবলৈ যাওঁগৈ৷

বহুদিন বিছনাত শুই-বহি কটাই ৰস্তমৰ মনটো ভাৰাক্ৰান্ত হৈ থকাৰ লগতে গাটো গধুৰ গধুৰ লাগি আছিল। সেয়ে তেওঁ একে আষাৰতে তাহমিনাৰ প্ৰস্তাৱত সন্মতি জনাব খুজিছিল, কিন্তু এষাৰ কথা ভাবি তেওঁৰ মন সেমেকি উঠিল। সিদিনা তাহমিনাৰ লগত ৰাজোদ্যানত কিছু সময় বহাৰ কাৰণে চকু চৰহা দুই চাৰ্জিনে কথাটো ভাল পোৱা নাই। সেই দুই চাৰিজনৰ ভিতৰত প্ৰথম দিনা লগ পোৱা আলতামাচো আছে। প্ৰথম দিনাৰপৰাই সি ৰস্তমৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ আছে। কথাটো পৰিচাৰিকা এগৰাকীয়ে তেওঁৰ কাণ চুৱাইছে। বাদচাহৰ ওচৰতো হেনো আপত্তি জনোৱাৰ কথা ভাবি আছে আলতামাচে। গতিকে তেওঁ বাটৰ কচু সানি গা খজুৱাটো উচিত নহ'ব বুলি ভাৱি ক'লে- বহুদিন শু‍ই বহি কটাই গাটো কেনেবা কেনেবা লাগি আছে। গতিকে ফুৰি চাকি গাটো অলপ টঙাব পাৰিলে ভালেই পালোঁহেতেন। কিন্তু আমাৰ মিলা-মিচা বহুতে মানি ল'ব পৰা নাই। কথাটো মই পৰিচাৰিকা এগৰাকীৰপৰা জানিব পাৰিছোঁ। জাহাপনায়ো হয়তো কথাটো ভাল নাপাব। গতিকে যাব খুজিছে যেতিয়া আপুনি অকলেই যাওঁগৈ৷ ম‍ই নাযাওঁ।

তাহমিনায়ো জানে কথাটো। আচলতে চাহৰিয়াৰ অপুত্ৰক হোৱাৰ কাৰণে সাম্ৰাজ্যৰ বহুতে তাহমিনাক বিয়া কৰাই বাদচাহ হোৱাৰ সপোন দেখি আছে। সেইসকলৰ ভিতৰত আলতামাচো এজন। কিন্তু তাহমিনাই আলতামাচক মুঠেই সহ্য কৰিব নোৱাৰে। আলতামাচৰ লগত বিয়া হোৱাতকৈ চিৰকুমাৰী হৈ থকাটোকে তাই শেষ্ঠ বুলি ভাবে। তাইৰ নিৰাপত্তাৰ কথা ভাবি কিছুদিন আগলৈকো অৱশ্যে বাদচাহ চাহৰিয়াৰ আলতামাচৰ ফালে কিছু পৰিমাণে ঢাল খোৱাও আছিল। কিন্তু কস্তমে আতিথ্য গ্ৰহণ কৰাৰ পাছৰপৰা যেন তেৱোঁ বেলেগ ধৰণে সপোন দেখি আছে। অর্থাৎ ৰস্তমৰ যদি আপত্তি নাথাকে তেনেহ'লে ৰুস্তমৰ হাততে তাহমিনাক গতোৱাৰ কথা ভবি আছে৷ কথাটো চাহৰিয়াৰে প্ৰকাশ্যে ঘোষণা নকৰিলেও ৰুস্তমৰ প্ৰতি দেখুৱা আতিথেয়তাই যেন সেই কথাকে সূচাই আছে। সেয়ে তাহামিনাই ৰুস্তমক উৎসাহিত কৰিবলৈ ক'লে- সেইবোৰ বাদ দিয়ক। লোকে যি কয় ক'বলৈ দিয়ক। আপুনি কাপোৰ-কানি পিন্ধি ওলাওঁক। বাহিৰত বাগী সাজু হৈ আছে।

বাক, আপুনি কৈছে যেতিয়া ব'লক। কস্তমে তাহমিনাৰ প্ৰস্তাৱত সন্মতি জনাই ক'লে- আপুনি বাগী লৈ যাওঁক। ম‍ই ৰাক্সক লৈ ওলাই আহি আছোঁ।

ৰাক্স! তাহমিনাই বিস্ময় প্রকাশ কৰি ক'লে- ৰাক্স আকৌ কেলেই?

ৰাক্স নহ'লে মই যাম কেনেকৈ?

আপুনিও বাগীত উঠিয়ে যাব।

বাগীত উঠি! ৰস্তমে বিস্ময় প্রকাশ কৰি ক'লে- মই ঘোঁৰাত উঠাতহে অভ্যস্ত। কোনোদিনেই বাগীত উঠি পোৱা নাই। তদুপৰি বাগীত উঠি ৰজা- বাদচাহসকলেহে ফুৰে। মইতো ৰজা বা বাদচাহ নহওঁ।

বাদচাহৰ অতিথি হিচাপে আপুনিও এতিয়া বাগীত উঠি ভ্ৰমণ কৰাৰ বাবে উপযুক্ত।

কিন্তু............

কোনো কিন্তু নাই। মই যি কৈছো তাকে কৰক। সোনকাল কৰক। দুপৰীয়াৰ আগে আগে উভতি আহিব লাগিব। নহ'লে গৰমত বৰ কষ্ট হ'ব।

অৱশেষত দুয়ো বাগীত উঠি আৰৱ সাগৰৰ পাৰলৈ বুলি ওলাল। অৱশ্যে দুজন দুখন বাগীত। এঘণ্টামানৰ ভিতৰত আহি তেওঁলোকে আহি আৰব সাগৰৰ পাৰ পালেহি।

দুয়ো সাগৰৰ পাৰৰ এচটা শিলৰ ওপৰত বহিল। দক্ষিল ফালৰপৰা মলয়ৰ সোঁত বৈ আছিল। সাগৰৰ উর্মিমালা আহি পাৰত আছাড় খাই আছিল। ফলত বিন্দু বিন্দু পানীৰ কণিকা আহি আলফুলে উভয়ৰ গাত লাগিবলৈ ধৰিলে। মিঠা এক আমেজত দুয়ো উৎফুল্লিত হৈ উঠিল। হঠাৎ তাহমিনাই সুধিলে- সাগৰ দেখিবলৈ নীলা কিয়?

কস্তমে নিজৰ অজ্ঞতা প্রকট কৰি ক'লে- মোৰ সাধাৰণ জ্ঞান তেনেই সীমিত। ম‍ই জানো যুদ্ধ কেনেকৈ কৰিব লাগে, কোনজন শত্ৰুক কেনেকৈ ধাশায়ী কৰিব লাগে। সাগৰ দেখিবলৈ নীলা কিয় এই বিষয়ে মোৰ কোনো ধাৰণা নাই।

তাহমিনাই সাগৰ নীলা হোৱাৰ আঁৰৰ ৰহস্য বুজাই কোৱাৰ আগতে সুধিলে- সৌ আকাশখনৰ ৰং কেনেকুৱা ?

ৰস্তমে টাই উত্তৰ দিলে- নীলা।

নীলাকাশৰ নীলা ৰং সানিয়ে সাগৰ নীলা হয়। আচলতে সাগৰৰ পানীৰ কোনো ৰং নাই। তাহমিনাই এইদৰে সাগৰ নীলা হোৱাৰ আঁৰৰ ৰহস্য বুজাই দি সুধিলে- সাগৰ কিয় অশান্ত হৈ থাকে জানে নেকি আপুনি?

নাজানো।

উপকুলৰ কাৰণে সাগৰ উত্তাল হৈ থাকে। কাৰণ উত্তাল নহ'লে উপকুলত আছাড় খাই পৰিব নোৱাৰে। এইদৰে মন্তব্য কৰিয়ে তাহমিনাই পুনৰ সুধিলে- এগৰাকী নাৰী অইন এগৰাকী ভিন পুৰুষৰ লগত কেতিয়া ফুৰিবলৈ ওলাই আহে জানে নেকি?

সেইজন পুৰুষৰ প্ৰতি বিশ্বাস থকাৰ কাৰণে।

বিশ্বাস কেতিয়া ওপজে ?

যেতিয়া ভালপোৱা ওপজে।

ভালপোৱা আগতে ওপজে নে বিশ্বাস আগতে ওপজে?

বিশ্বাস যদি নোপজে ভালপোৱা ওপজিব ক'ৰ পৰা? ভালপোৱা মানেইতো আত্মসমর্পণ। এজনক বিশ্বাস কৰিব পাৰিলেহে তাৰ ওচৰত আত্মসমৰ্পণ কৰিব পাৰি। ৰুস্তমে এইদৰে নিজৰ অভিমত ব্যক্ত কৰি হঠাৎ মনত পৰাৰ দৰে সুধিলে- বাৰু, সিদিনা আপুনি জাহাপনাই কিবা সপোন দেখাৰ কথা কৈছিল। কি সপোন আপুনি অনুমান কৰিব পাৰিছে নেকি?

এজনৰ সপোনৰ কথা আনজনে অনুমান কৰাটো সম্ভৱ জানো? তাহমিনাই এইদৰে কৈ ক'লে- তেওঁ হয়তো ৰাজ্যৰ উত্তৰাধিকাৰীৰ সপোন দেখি আছে।

আপুনিয়ে দেখোন ৰাজ্যৰ উত্তৰাধিকাৰী? ৰুস্তম কৌতুহলী হৈ উঠিল। আপুনি থাকোতে বেলেগ উত্তৰাধিকাৰী বিচৰাৰ কি প্রয়োজন হ'?

মোৰ অভিভাৱক।

কাৰোবাৰ সন্ধান পাইছে নেকি?

জানো, সেয়া দেউতাইহে জানিব। মই কেনেকৈ জানিম। তথাপিও মোৰ ধাৰণা হৈছে, তেওঁ হয়তো অভিভাৱকৰ সন্ধান পাইছে। যাৰ বাবে দেউতাৰ শৰীৰত নতুন উদ্যম সঞ্চাৰ হৈছে।

ৰুস্তমে সুধিলে- কোন সেইজন ভাগ্যবান ?

তাহমিনাই ৰহস্যপূর্ণ হাঁহি মাৰি ক'লে- আজি নকও। আন এদিন ক'ম বাৰু, আজিলৈ উঠোঁ। বহু পলম হ'ল। দেউতাই হয়তো আমাৰ আগমনৰ কাৰণে অপেক্ষা কৰি আছে।

সিদিনাৰ কাৰণে ভ্ৰমণ সিমানতে সামৰি দুয়ো ৰাজপ্ৰসাদৰ ফালে যাত্ৰা কৰিলে।

*        *        *

 

 

 

 

                                          (ছয়)

 

ৰস্তম আৰু তাহমিনা ৰাজপ্ৰসাদলৈ উভতি অহাৰ আগতেই আলতামাচ সমন্বিতে তিনি চাৰ্জিনমান পাত্র-মিত্ৰ চাহৰিয়াৰৰ ওচৰলৈ আহিল। শাহী মছজিদৰ ইমাম জিয়াদ খোমেইনিও আছিল তেওঁলোকৰ লগত। জিয়াদ খোমেইনিয়ে ভূমিকাৰে আৰম্ভ কৰিলে- জাহাপনা, আপোনাৰ ওচৰত আমি এটি অভিযোগলৈ আহিছোঁ। যদি অভয় দিয়ে তেনেহ'লে কথাটো প্ৰকাশ কৰিব পাৰোঁ।

অসময়ত পাত্র-মিত্ৰসকল অহা দেখি চাহৰিয়াৰ স্বাভাৱিকতে অলপ কৌতুহলী হৈ উঠিছিল। জিয়াদৰ কথাৰ সুৰত ৰহস্যৰ গোন্ধ পাই তেওঁ অধিক কৌতূহলী হৈ উঠিল। চাহৰিয়াৰে নিজক চম্ভালিলৈ ক'লে- বাৰু, কি ক'ব খুজিছে কওঁক।

জিয়াদে পোনপটীয়া ভাবে ক'লে- জাহাপনা, চাহজাদী এজন বিদেশী ভিন পুৰুষৰ লগত এইদৰে ফুৰা-চকা কৰাটো বহুতেই ভাল পোৱা নাই। সাম্ৰাজ্যৰ পাত্ৰ-মিত্ৰৰ লগতে জনসাধাৰণেও কথাটোত আপত্তি তুলিছে।

আলতামাচে ক'লে- হয় জাহাপনা, আমিও ইমাম চাহাবৰ লগত একমত। জোঁৰ পুৰি হাত পোৱাৰ আগতেই কিবা এটা ব্যৱস্থা লোৱা উচিত হ', জাহাপনা।

চাহৰিয়াৰ এখন সৰু ৰাজ্যৰ অধীশ্বৰ। সাম্ৰাজ্যত সুখ-শান্তি বিৰাজমান। চৌদিশে শান্তি সমৃদ্ধি। কোনো ধৰণৰ অভাৱ নাই সাম্রাজ্যত। কিন্তু চাহৰিয়াৰৰ মনত এটাই মাথোন দুখ, তেওঁৰ মৃত্যুৰ পাছত সাম্ৰাজ্যৰ কোনো যোগ্য উত্তৰাধিকাৰী নাই। কাৰণ তেওঁৰ কোনো ল'ৰা সন্তান নাই। চাহজাদী তাহমিনাই তেওঁৰ একমাত্ৰ সন্তান ।

তাহমিনা ৰূপে-গুণে অতুলনীয়া। বিদ্যা-বুদ্ধিত পাৰদর্শিনী। কেতিয়াবাই বিয়াৰ বয়স হৈ গৈছে; কিন্তু উপযুক্ত পাত্ৰৰ অভাৱত চাহৰিয়াৰে বিয়া দি উলিয়াই দিবপৰা নাই। পাত্ৰৰ অৱশ্যে অভাৱ নাই। বিয়াৰ কথা ঘোষণা কৰিলে দেশৰ পৰাতো বাদেই বিদেশৰ পৰাও হাজাৰজন পাত্র আহি উবুৰি খাই পৰিবহি। কিন্তু চাহৰিয়াৰে যি ধৰণৰ পাত্ৰৰ অপেক্ষাত ৰৈ আছে তেনে ধৰণৰ পাত্ৰৰহে সন্ধান উলিয়াবপৰা নাই। তেওঁৰ প্রয়োজন সাম্ৰাজ্যৰ এজন যোগ্য উত্তৰাধিকাৰী। তাহমিনাৰ অভিভাৱক। তেওঁৰ মৃত্যুৰ পাছত যাতে সাম্ৰাজ্যৰ শাসন ভাৰ চম্ভালিব পাৰে তেনেকুৱা এজন পাত্ৰৰহে তেওঁ সন্ধান কৰি আছে।

কিছুদিন আগলৈকো চাহৰিয়াৰে আলতামাচৰ লগত তাহমিনাক বিয়া দিয়াৰ কথা ভাবি আছিল। আলতামাচ সাম্ৰাজ্যৰ অৱসৰপ্ৰাপ্ত প্রধান মন্ত্ৰীৰ পুতেক। আলতামাচ বাহুবলত সাম্ৰাজ্যৰ ভিতৰত অদ্বিতীয়। তেৱেঁ বৰ্তমান সাম্ৰাজ্যৰ প্ৰধান সেনাপতি। তাহমিনাৰ গা ৰখীয়াও তেওঁ। কিন্তু আলতামাচ অলপ খঙাল প্ৰকৃতিৰ। সাধাৰণ কথাতে খং উঠে। ফলত সাম্ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰ লগত তাৰ সম্পর্ক ভাল নহয়। তেওঁলোকৰ লগত সততে তাৰ কাজিয়া-পেচাল লাগিয়ে থাকে। এইবোৰ কাৰণতে তাহমিনাই আলতামাচক চকু পাৰি দেখিব নোৱাৰে। আলতামাচৰ লগত বিয়াৰ কথা উঠাৰেপৰা তাই আলতামাচৰ প্ৰতি অধিক বিদ্বেষভাবাপন্ন হৈ উঠিছে। কিন্তু দেউতাক আলতামাচৰ প্ৰতি সদয় থকাৰ কাৰণে তাই এতিয়ালৈকে আলতামাচক খোলা-খুলি ভাবে একো কোৱা নাই। চাহৰিয়াৰেও জানে তাহমিনাৰ এই মনোভাৱৰ কথা। কিন্তু উপায় নাই কাৰণেই চাহৰিয়াৰে আলতামাচক ভাবী জোঁৱাই হিচাপে কল্পনা কৰি আছিল।

কিন্তু ৰস্তম শয্যাসায়ী হৈ থকাৰেপৰা তেওঁ বেলেগ ধৰণে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ তাহমিনাক ৰস্তমৰ লগত বিয়া দি ৰস্তমৰ হাতত চামান গাঁৰ শাসনভাৰ অৰ্পণ কৰাৰ কথা ভাবি আছে। অৱশ্যে যদিহে ৰুস্তমে তাহমিনাক বিয়া কৰাবলৈ সন্মত হয়। কাৰণ ৰুস্তম বিবাহিত। তেওঁৰ প্ৰথমা পত্নী ফাতিমা বৰ্তমানেও জীৱিতা। তদুপৰি কস্তম ইৰাণৰ বাদচাহৰ অন্ধ ভক্ত। গতিকে তেওঁ ইৰাণ এৰি চামান গাঁত থাকিবলৈ সন্মত হয়, নে নহয় এই বিষয়েও চাহৰিয়াৰে সন্দেহ কৰি আছে।

কাৰণ ৰুস্তম এতিয়া ইৰাণৰ প্ৰধান সেনাপতি। ৰুস্তমৰ আগতে তেওঁৰ দেউতাক জাল ইৰাণৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল। কেই বছৰমান আগত জালে অৱসৰ লৈছে আৰু তেওঁ অৱসৰ লোৱাৰ কৰাৰ পাছত ৰুস্তমক প্রধান সেনাপতি পদত অধিষ্ঠিত কৰা হৈছে।

ইৰাণৰ বাদচাহ কায়কাউচ স্বেচ্ছাচাৰি। ফলত দেশৰ ভিতৰে-বাহিৰে তেওঁৰ শত্ৰুৰ অভাৱ নাই। তুৰস্কৰ বাদচাহ আবচাৰিয়াৰ তেওঁৰ ঘোৰ শত্ৰু। তেওঁ এবাৰ ইৰাণ আক্ৰমণ কৰিবলৈ আহি ৰস্তমৰ হাতত বাৰুকৈয়ে এসেকা পাই গৈছে। তেতিয়াৰপৰা ৰস্তমৰ বীৰত্ব কাহিনী কিংবদন্তিৰ দৰে সমগ্ৰ আৰৱ ভূমিৰ জনসাধাৰণৰ মুখে মুখে। চাহৰিয়াৰেও জানে এই কথা। বহুদিনৰপৰা তেওঁ ৰস্তমৰ দৰে এজন জোঁৱাইৰ কথা ভাবি আছিল। ৰস্তমৰ দৰে এজন জোঁৱাই পালে তাহমিনাৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ লগতে চামান গাঁৰ জনসাধাৰণেও সুখ-শান্তিত বস-বাস কৰিব পাৰিব বুলিও তেওঁ দৃঢ় নিশ্চিত। সেয়ে ৰস্তমে চামান গাঁৰ আতিথ্য গ্ৰহণ কৰাৰ পাছতে তেওঁৰ মনত এটা ক্ষীণ আশা জাগিছিল। কিন্তু এই বিষয়ে তেওঁ বিশেষ চিন্তা কৰা নাছিল। ৰুস্তম আঘাত প্ৰাপ্ত হৈ শয্যাশায়ী হৈ থকাৰ পাছৰেপৰা তেওঁ ৰুস্তম আৰু তাহমিনাৰ চাল-চলনলৈ লক্ষ্য কৰি এই বিষয়ে কিছু আশাৰ ৰেঙনি দেখা পাইছে। তেওঁ লক্ষ্য কৰিছে, পৰস্পৰে যেন পৰস্পৰক ভাল পাবলৈ আৰম্ভ কৰিছে। তাহমিনা যিদৰে ৰস্তমৰ লগত ছাঁৰ দৰে লাগি আছে সেয়া হয়তো সম্ভৱ হৈছে তাহমিনা কস্তমৰ প্ৰতি দুৰ্বল হোৱাৰ কাৰণেই।

ইতিমধ্যে তাহমিনাৰ চাল-চলনতো বহু পাৰ্থক্য আহি পৰিছে। আগতে তাহমিনাই অৱসৰ সময় চাহৰিয়াৰৰ লগতে কটাইছিল। ৰাজকীয় কাম-কাজতো চাহৰিয়াক সহায় কৰিছিল। কিন্তু আজি-কালি তাইৰ যেন দেউতাকৰ ওচৰত বহাৰ সময় নোপোৱা হৈছে। বৰ্তমান অৱসৰ সময় তাই ৰস্তমৰ লগত কটোৱা হৈছে। তাইৰ আচৰণতো বহু পাৰ্থক্য আহি পৰিছে। আগতে তাই গহীন-গম্ভীৰ প্ৰকৃতিৰ আছিল। কিছুদিন ধৰি তাই কিছু পৰিমাণে চঞ্চল হৈ উঠিছে। চকু-মুখত যেন প্রজাপতিৰ ৰং লাগিছে। চাহৰিয়াৰে এইবোৰ কথা লক্ষ্য কৰিয়ে দুদিনমানৰপৰা ৰস্তমক জোঁৱাই হিচাপে পাবলৈ মনে-প্রাণে কামনা কৰি আছে আৰু ৰুস্তমৰ ওচৰত প্ৰস্তাৱটো ৰখাৰ কাৰণে উপযুক্ত সময়ৰ অপেক্ষাত ৰৈ আছে। সেয়ে ৰস্তমৰ লগত আলোচনা কৰাৰ কাৰণে সময় পোৱাৰ বাবে চাহৰিয়াৰে আলতামাচ আৰু মন্ত্ৰী পৰিষদৰ অভিযোগৰ উত্তৰত মানসিক ও শাৰীৰিক অসুস্থতাৰ অজুহাত দেখুৱাই ক'লে- আপোনালোকৰ দ্বাৰা উত্থাপিত অভিযোগৰ সত্যতা ম‍ই অস্বীকাৰ কৰা নাই। ময়ো উপলব্ধি কৰি আছোঁ কথাটো। বাৰু, ম‍ই কাইলৈ আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিম। আজি মোৰ শাৰীৰিক ও মানসিক অৱস্থাও সিমান ভাল নহয়। গতিকে আজিলৈ আপোনালোক যাওঁকগৈ।

ৰুস্তম আৰু তাহমিনাৰ মাজত ভালপোৱাৰ সমন্ধ গঢ়ি উঠাৰ কথা ইতিমধ্যে আলতামাচে পৰিচাৰিকা এগৰাকীৰপৰা জানিব পাৰিছে। ৰুস্তম প্রথমদিনা ৰাজপ্রাসাদত আতিথ্য গ্ৰহণ কৰাৰ পাছৰেপৰা আলতামাচে ৰুস্তম আৰু তাহমিনাৰ গতি-বিধিৰ ওপৰত চকু ৰাখিবলৈ এগৰাকী পৰিচাৰিকা নিয়োগ কৰিছে। পৰিচাৰিকা গৰাকীয়ে ডাঁৰৰ খবৰ ডাঁৰতে তেওঁ আশা কৰামতেই দি আছে। পৰিচাৰিকা গৰাকীৰপৰা পোৱা খবৰৰ ভিত্তিত আলতামাচ দৃঢ় নিশ্চিত হৈছে যে, ইতিমধ্যে তাহমিনা আৰু ৰুস্তমৰ মাজত প্ৰেমৰ সম্বন্ধ গাঢ় হৈ উঠিছে। এই ভালপোৱা গঢ়ি উঠাৰ ফলত তাৰে বেছি ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইমান দিনে সি চামান গাঁৰ শাসনভাৰ চম্ভালাৰ যি সপোন দেখি আছিল ৰুস্তম আৰু তাহমিনাৰ মাজত ভালপোৱাৰ সম্বন্ধ গঢ়ি উঠাৰ ফলত সেয়া বৰ্তমান ব্যৰ্থ হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ উঠিছে। মাথোন সিংহাসনেই নহয়, তাহমিনাৰ দৰে এগৰাকী নাৰীৰ সংগ সুখৰ পৰাও সি বঞ্চিত হ'ব লাগিব এই ভালপোৱাৰ ফলত। ৰস্তম কালৰাহুৰ দৰে তাৰ জীৱনাকাশত আৱিৰ্ভাৱ হৈ তাক যেন সকলো ফালেদি গ্ৰাস কৰিবলৈ উদ্যত হৈছে। এই সময়ত ৰুস্তমৰ আৱিৰ্ভাৱ নহ'লে চাহজাদী তাহমিনাৰ লগত তাৰ বিয়া হোৱাটো প্ৰায় নিশ্চিত আছিল। অৱশ্যে তাহমিনাৰ ফালৰপৰা কিছু আপত্তি আছিল যদিও সেয়া অৱশ্যে সময়ত ঠিক হৈ গ'লহেঁতেন। কাৰণ বাদচাহ চাহৰিয়াৰ তেওঁৰ পক্ষত আছিল। ৰুস্তম অহাৰ পাছৰপৰা যেন চাহৰিয়াৰে তেওঁক আগৰ দৰে গুৰুত্ব নিদিয়া হৈছে। এইকথা আলতামাচে কিছুদিনৰপৰা লক্ষ্য কৰি আছে। ইতিমধ্যেই তেওঁ ৰস্তমক এসেকা দিলেহেঁতেন; কিন্তু ৰস্তমৰ বাহুবলৰ কথা চিন্তা কৰি এই বিষয়ে সি আগবাঢ়িবলৈ সাহস গোটাবপৰা নাই। গতিকে তেওঁ পাত্র-মিত্ৰসকলক ৰুস্তমৰ বিৰুদ্ধে উচটাই নিজৰ ঈস্পিত লক্ষ্যত উপনীত হোৱাৰ বাবে উঠি-পৰি লাগিছে। সেয়ে তেওঁ চাহৰিয়াৰৰ নমনীয় মনোভাৱৰ প্ৰতি লক্ষ্য কৰি কিছু পৰিমাণে হতাশ হৈ উঠিল। পাছমুহূৰ্ততে তেওঁ নিজক চম্ভালি লৈ চাহৰিয়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ কৰি উঠিল- জাহাপনা, বৰ্তমান কথাটো যি পৰ্যায় পাইছেহি, 'ব পাৰে, জোঁৰ পুৰি হাত পোৱাৰ উপক্ৰম হৈছে। ৰুস্তমক সোনকালে চামান গাঁৰ পৰা বিদায় নকৰিলে সমস্যাটোৰ সমাধান সম্ভৱ নহ'ব। মই ভাবো, এই ক্ষেত্ৰত চাহজাদীৰ কোনো দোষ নাই। ৰুস্তম নিজৰ বাহুবল প্ৰদৰ্শন কৰি চাহজাদীৰ মন জিনিবলৈ চেষ্টা কৰি আছে। গতিকে যিমান সোনকালে পৰা যায় ৰুস্তমক বিদায় কৰক, জাহাপনা।

চাহৰিয়াৰে প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লে- আজিলৈ যাওঁকগৈ, কাইলৈ দৰবাৰ কক্ষত আটাইৰে সন্মুখত এই বিষয়ে মই আলোচনা কৰিমহি।

আকোঁৰ-গোজ মনোভাব ল'লে বিষয়টো অধিক জটিল হ'ব পাৰে বুলি ভাবি আলতামাচে বিশেষ জোৰ নকৰিলে। ফলত সিদিনাৰ কাৰণে আলোচনা সিমানতে সামৰিবলৈ সি ক'লে- আপোনাৰ সিদ্ধান্তৰ ওপৰত আমাৰ মাত মতাৰ কোনো অধিকাৰ নাই যদিও সাম্ৰাজ্যৰ সুৰক্ষাৰ কথা ভাবিহে কথাবোৰ ক'লো। ধৃষ্টতা নল, জাহাপনা ।

সিদিনাৰ কাৰণে বিষয়টো সিমানতে অন্ত পৰিল। আলতামাচ সমন্বিতে আটায়ে দৰবাৰ কক্ষ ত্যাগ কৰি গুচি গ'ল।

সিদিনা ৰাতিয়ে ভোজনৰ পাছত চাহৰিয়াৰে ৰস্তমক নিভৃত কক্ষ এটালৈ মতাই অনালে। ৰস্তম কক্ষৰ ভিতৰলৈ সোমাই আহি সুধিলে- এইদৰে মোক অসময়ত মতাই অনাৰ কাৰণ কি, জাহাপনা?

পোনপটীয়া ভাবে বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাটো উচিত নহ'ব বুলি ভাবি চাহৰিয়াৰে ভূমিকাৰে আৰম্ভ কৰিলে- মহামহিম, আপোনাৰ বীৰত্ব কাহিনী লোকগাঁথাৰ দৰে সমগ্ৰ আৰৱ ভূমিৰ মানুহৰ মুখে মুখে। ক'বলৈ গ'লে আপুনিয়ে ইৰাণৰ মুকুটবিহীন বাদচাহ। কিন্তু ইৰাণৰ বাদচাহে কেতিয়াও আপোনাক যোগ্য মর্যদা দিয়া নাই। ম‍ই আপোনাক সেই যোগ্য মর্যদা প্ৰদান কৰিব খুজিছোঁ, মহামহিম।

ৰুস্তমে চাহৰিয়াৰৰ কথাৰ অৰ্থ বুজিব নোৱাৰি কৌতুহলী দৃষ্টিত চাহৰিয়াৰলৈ চালে।

চাহৰিয়াৰে এইবাৰ পোনপটীয়া ভাবে ক'লে- আপোনাৰ হাতত ম‍ই চামান গাঁৰ শাসন ভাৰ অৰ্পণ কৰিব খুজিছোঁ। আশা কৰোঁ, আপুনি মোক নিৰাশ নকৰিব।

সম্পদ আৰু প্ৰতিষ্ঠা সকলোৰে কাম্য। কিন্তু ৰুস্তমৰ এই দুটা বস্তুৰ প্ৰতি মুঠেই লোভ নাই। গতিকে বেলেগৰ কাৰণে প্ৰস্তাৱটো লোভনীয় হ'লেও ৰস্তমৰ কাৰণে মুঠেই লোভনীয় নহ'ল। সিংহাসনৰ প্ৰতি লোভ থাকিলে বহুদিন আগতেই তেওঁ ইৰাণৰ সিংহাসন দখল কৰিব পাৰিলেহেঁতেন। তদুপৰি অনুগ্ৰহৰ দান গ্ৰহণ কৰাৰ মন বা মানসিকতা কোনোটোৱে নাই তেওঁৰ।

গতিকে ৰস্তমে চাহৰিয়াৰৰ প্ৰস্তাৱ ভদ্রভাবেই প্রত্যাখান কৰিলে- আপোনাৰ অনুগ্ৰহৰ বাবে মই কৃতজ্ঞ। কিন্তু ৰাজ সিংহাসনৰ প্ৰতি মোৰ মুঠেই লোভ নাই। লোভ থাকিলে কেতিয়াবাই ম‍ই ইৰাণৰ সিংহাসনত অধিষ্ঠিত হ'ব পাৰিলোহেঁতেন। মহাবীৰ জাল মোৰ দেউতা। মোৰ আগতে তেৱেঁ ইৰাণৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দায়িত্বত নিয়োজিত আছিল। অৱসৰ লোৱাৰ সময়ত তেওঁ মোক সেই দায়িত্ব দি থৈ গৈছে। ক'বলৈ গ'লে দেউতাই মোক এক প্ৰকাৰ বিক্ৰীয়ে কৰিছে ইৰাণৰ বাদচাহৰ ওচৰত। গতিকে গোলামৰ ৰাজপাট শোভা নাপায়, জাহাপনা। আপোনাৰ অনুগ্ৰহৰ দান গ্ৰহণ কৰিব নোৱাৰা বাবে মই দুঃখিত।

ৰুস্তমৰ মন্তব্যত চাহৰিয়াৰৰ মুখমণ্ডল শেঁতা পৰি গ'; কিন্তু তেওঁ নিৰাশ নহ'ল। তেওঁ ভাবিলে, তাহমিনাক বিয়া কৰোৱাৰ পাছত ৰুস্তম এনেয়ে সিংহাসনত বহিবলৈ বাধ্য হ'ব। সেয়ে তেওঁ আচল প্ৰস্তাৱটো আগবঢ়োৱাৰ কথা ভাবিলে। কিন্তু আচল প্ৰস্তাৱটো আগবঢ়োৱাৰ আগতে তেওঁ পুনৰ ভূমিকাৰেই আৰম্ভ কৰিলে- আপোনাৰ সিংহাসনৰ প্ৰতি লোভ নথকাৰ কথা ম‍ই জানো। সিংহাসনৰ প্ৰতি লোভ নথকা জনকেই আচলতে সিংহাসনৰ দায়িত্ব অর্পণ কৰা উচিত। এইদৰে কৈ ক্ষন্তেক ৰৈ তেওঁ পুনৰ আৰম্ভ কৰিলে- বাৰু, সিংহাসনৰ প্ৰতি লোভ নাই যেতিয়া এই বিষয়ে ম‍ই আপোনাক জোৰ নকৰোঁ। মোৰ কোনো ল'ৰা সন্তান নাই; গতিকেই ম‍ই প্ৰস্তাৱটো আগবঢ়াইছিলো। এইদৰে ভূমিকাৰে আৰম্ভ কৰি চাহৰিয়াৰ আচল কথালৈ আহিল- কিন্তু আপুনি মোৰ আন এটা অনুৰোধ ৰক্ষা কৰিব লাগিব।

ৰস্তমে অনুসন্ধিৎসু দৃষ্টিৰে চাহৰিয়াৰৰ ফালে চালে। চাহৰিয়াৰৰ চকু-মুখত মৰ্যদাৰ ভয় সংকোচ প্ৰকট হৈ উঠা তেওঁৰ চকুত পৰিল । চাহৰিয়াৰৰ কথাৰ অৰ্থও তেওঁ কিছু পৰিমাণে উপলব্ধি কৰিব পাৰিলে। তথাপিও তেওঁ একো নুবুজাৰ ভাও জুৰি কৌতুহল মিশ্রিত সুৰত ক'লে- কওঁক, কি ক'ব খুজিছে? মোৰ সাধ্যাতীত নহ'লে নিশ্চয় ম‍ই ৰক্ষা কৰিম।

চাহৰিয়াৰে আবেগ মিহলি কণ্ঠত ক'লে- তাহমিনা মোৰ একমাত্ৰ সন্তান। মোৰ মৃত্যুৰ পাছত তাইক চোৱা-চিতা কৰাৰ কোনো উপযুক্ত অভিভাৱক নাই। গতিকে ম‍ই তাইক আপোনাৰ হাতত গতাই নিশ্চিন্ত হ'ব খুজিছো।

প্ৰস্তাৱটো কস্তমৰ কাৰণে খুবেই লোভনীয় আছিল। ৰোগশয্যাত শায়িত হৈ থকা দিনকেইটা তাহমিনাই ধৰা আল-পৈচানত তেওঁ তাহমিনাৰ প্ৰতি বাৰুকৈয়ে আকৃষ্ট হৈ পৰিছে। তাহমিনাও যে তেওঁৰ প্ৰতি দুর্বল এই কথা তেওঁৰ সৈনিক মনেও উপলব্ধি কৰিব পাৰিছে। সিদিনা ৰাজোদ্যান আৰু আজি আৰৱ সাগৰৰ পাৰত হোৱা কথা বতৰাত তাহমিনাই আত্মসমৰ্পণৰ ইংগিতো দিছে। অভিভাৱকৰ প্ৰসংগ উত্থাপনৰ মাজতো যে আত্মসমৰ্পণৰে ইংগিতে আছিল ৰুস্তমৰ সৈনিক মনেও সেয়া উপলিব্ধ কৰিব পাৰিছে। ৰুস্তমে নিজেও তাহমিনাৰ প্ৰতি এক অনামী আকর্ষণ অনুভৱ কৰি আছে। তেওঁৰ এই দুৰ্বলতাৰ কথা তাহমিনাক ক'বলৈ গৈয়ো তেওঁ ক'ব পৰা নাই। তেওঁৰ সংস্কাৰে বাধা দি আছে। কাৰণ তেওঁ বিবাহিত। তেওঁৰ স্ত্রী ফাতিমা বৰ্তমানেও জীৱিতা। তাৰোপৰি আছে পাঁচ বছৰীয়া শিশু সন্তান খুম। গতিকে সময়ে সময়ে ভালপোৱাৰ উল্লাস জাগি উঠিলেও ফাতিমা আৰু খুৰমৰ কথা ভাবি তেওঁ নিজক সংকুচিত কৰি ৰাখিবলৈ বাধ্য হৈছে। সেয়ে তেওঁ সেমেনা- সেমেনি কৰি ক'লে- মোৰ অৱশ্যে বিশেষ আপত্তি নাছিল; কিন্তু মইযে বিবাহিত!

চাহৰিয়াৰে দৃঢ় কণ্ঠত ক'লে- সেয়া মই জানো আৰু জানি-শুনিয়ে মই প্ৰস্তাৱটো আগবঢ়াইছো।

তাহমিনাই আপত্তি নকৰে বুলি জানিও ৰুস্তমে সৌজন্যতাৰ খাতিৰত ক'লে- চাহজাদীয়ে যদি মত নিদিয়ে?

চাহজাদীয়ে কোনো দিনে মোৰ ইচ্ছাৰ বিৰুদ্ধে মাত নামাতে। চাহৰিয়াৰে দৃঢ় কণ্ঠত কলে- আপুনি এই বিষয়ে নিশ্চিন্ত থাকিব পাৰে।

তথাপিও কস্তমে লগে লগে সন্মতি নজনাই কিছুপৰ তলমূৱাহৈ থাকি সেমেনা-সেমেনি কৰি ক'লে- চাহজাদীৰ ফালৰপৰা আপত্তি নাথাকিলে মোৰ ফালৰপৰা কোনো আপত্তি নাই।

পাছদিনা ৰাতিপুৱা চাহৰিয়াৰ দৰবাৰ কক্ষত উপস্থিত হোৱাৰ পাছত শাহী ইমাম জিয়াদে আগৰ দিনৰ অভিযোগটো উত্থাপন কৰিলে- জাহাপনা, কালিৰ অভিযোগটোৰ কথা আপুনি কি ভাবিছে?

চাহৰিয়াৰ কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়া ভাবে উত্তৰ দিলে- সিহঁত দুজন যেতিয়া পৰস্পৰৰ প্ৰতি আকৃষ্ট, গতিকে ম‍ই সিহঁত দুজনৰ বিয়া পাতি দিব খুজিছোঁ।

প্ৰস্তাৱটো শুনাৰ লগে লগে দৰবাৰ কক্ষত মৃদু গুঞ্জন উঠিল। পাত্র-মন্ত্ৰীসকলে ইজনে সিজনৰ লগত চকুৰ ভষাত ভাৱ বিনিময় কৰিবলৈ ধৰিলে। এনেতে প্রধান সেনাপতি আলতামাচ বহা আসনৰ পৰা জাপ মাৰি থিয় হৈ চাহৰিয়াৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উত্তেজিত কণ্ঠত প্রতিবাদ কৰি উঠিল- এয়া আপোনাৰ অন্যায় সিদ্ধান্ত, জাহাপনা। এজন বিদেশীৰ লগত......

আলতামাচে বাক্যটো শেষ কৰিব নোৱাৰিলে। চাহৰিয়াৰ প্ৰতিবাদ কৰি উঠিল- প্ৰকৃত বীৰক দেশৰ সীমাই বান্ধি ৰাখিব নোৱাৰে, আলতামাচ। ৰুস্তম এজন বীৰ পুৰুষ। তেওঁ সমগ্ৰ আৰৱ ভূমিৰে গৌৰৱ। গতিকে দেখাত এজন বিদেশী হ'লেও আচলতে তেওঁ কোনো এখন বিশেষ দেশৰ নহয়- সমগ্ৰ আৰৱ ভূমিৰে সন্তান তেওঁ। তদুপৰি তেওঁৰ বীৰত্ব গাঁথা কোনো দেশৰ গণ্ডীৰ ভিতৰত সীমাৱদ্ধ নহয়। সেয়ে তেওঁ মাথোন ইৰাণৰে নহয়, চামান গাঁৰো সন্তান।

আলতামাচে ভাবিলে, উত্তেজিত হৈ সমস্যা সমাধান কৰা সম্ভৱ নহ'ব। সেয়ে তেওঁ যুক্তিৰ আশ্ৰয় ল'লে- কিন্তু আপুনি চাহজাদীক মোৰ লগত বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা নাছিল জানো?

সিদ্ধান্ত লোৱা নাছিলোঁ, ভাবিছিলোহে মাথোন। কাৰণ তেতিয়া ৰুস্তমৰ দৰে এজন যোগ্য পাত্ৰৰ সন্ধান পোৱা নাছিলো।

আলতামাচ ইমাম জিয়াদৰ খুবেই ভক্ত। ইফালে তাহমিনাৰ লগত তাৰ বিয়া সম্পন্ন কৰি দিব পাৰিলে আলতামাচে তেওঁক উপঢৌকন দিয়াৰো লোভ দেখুৱাইছে। সেয়ে তেওঁ থিয় হৈ ক্ষমা খোজাৰ ভংগীত অভিবাদন কৰি ক'লে- জাহাপনা, ধৃষ্টতা মার্জনা কৰিব। সিদ্ধান্তটো পুনৰ বিবেচনা কৰিব নোৱাৰে নেকি?

চাহৰিয়াৰে ক্ষন্তেক ভাবি সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ সিদ্ধান্তলৈ ক'লে- মই প্ৰথমৰ পৰাই চাহজাদীক এগৰাকী যোগ্য বীৰৰ হাত গতোৱাৰ কথা ভাবি আছিলোঁ। চাহজাদীৰো একেই ইচ্ছা আছিল। গতিকে উপযুক্ত বীৰৰ সন্ধান কৰিব নোৱাৰিহে চাহজাদীক আলতামাচৰ হাতত গতোৱাৰ কথা ভাৱিছিলোঁ। বাৰু, আপুনি কৈছে যেতিয়া আলতামাচ সমন্বিতে দেশৰ বীৰসকলক ম‍ই এটা সুযোগ দিব খুজিছোঁ। কাইলৈ ৰাতিপুৱা এটি দ্বৈত যুঁজৰ আয়োজন কৰক। যিজনে সেই যুঁজত জয়ী হ'ব পাৰিব তেওঁৰ হাততে চাহজাদীক অৰ্পণ কৰা হ'ব।

একমাত্র আলতামাচৰ বাহিৰে প্ৰস্তাৱটোত আটায়ে সন্মতি জনালে আৰু সিদ্ধান্ত মর্মে পাচদিনা দ্বৈত যুঁজৰ আয়োজন কৰা হ'ল। পাত্ৰ-মন্ত্ৰ ী সমন্বিতে ৰুস্তম আহি যুদ্ধ-স্থলীত উপস্থিত হ'; কিন্তু বেলেগ বীৰতো দূৰৰে কথা স্বয়ং আলতামাচো যুদ্ধ-স্থলীত উপস্থিত নহ'ল। ফলত ৰুস্তমকে আটায়ে বিজয়ী বুলি ঘোষণা কৰিলে আৰু কেইদিনমান পাছত মহা ধূমধামেৰে ৰস্তম আৰু তাহমিনাৰ শুভবিবাহ সম্পন্ন কৰিলে।

            *         *        *

 

 

 

 

                                     (সাত)

এবছৰ পাছৰ কথা। ৰুস্তম অকলে ৰজোদ্যানত বহি ইৰাণৰ কথা ভাবি আছিল।

এই এবছৰৰ ভিতৰত ৰুস্তম এবাৰৰ কাৰণেও ইৰাণলৈ যোৱা নাই। অৱশ্যে ইৰাণৰ কথা তেওঁৰ মনত নপৰা নহয়। ফাতিমা আৰু শিশু সন্তান খুৰমক চাবলৈ সময়ে সময়ে তেওঁ ব্যাকুল হৈ উঠিছে। তাহমিনায়ো তেওঁক ইৰাণলৈ যাবলৈ কেবাদিনো তাগিদা দিছে। কিন্তু তেওঁ ইৰাণলৈ গ'লে বাদচাহ কায়কাউচে তেওঁক পুনৰ চামান গাঁলৈ আহিবলৈ নিদিব বুলি দৃঢ় নিশ্চিত হৈয়ে তেওঁ ইচ্ছাকৃত ভাবে ইৰাণলৈ নোযোৱাকৈ আছে। এই এবছৰত তেওঁক তলব কৰি কায়কাউচ কেবাবাৰো দূত পঠিয়াইছে। প্ৰত্যেক বাৰেই তেওঁ প্ৰয়োজনৰ সময়ত ইৰাণ গৈ পাবহি বুলি দূতৰ আগত কৈ পঠিয়াইছে। এই ধৃষ্টতাৰ বাবে কায়কাউচ খঙত গুজৰি-গুমৰি আছে বুলিও তেওঁ লোকমুখে জানিব পাৰিছে।

সুদীৰ্ঘ এবছৰ কাল ইৰাণলৈ নোযোৱাৰ কাৰণে কস্তমে মাথোন কায়কাউচৰ প্ৰতিয়ে অন্যায় কৰা নাই। স্ত্রী ফাতিমা, বৃদ্ধ দেউতাক জাল আৰু শিশু সন্তান খুৰমৰ প্ৰতিও তেওঁ অন্যায় কৰিছে। ফাতিমাই হয়তো তেওঁক দায়িত্বহীন স্বামী বুলি অভিমান কৰি আছে। বৃদ্ধ দেউতাক জালেও হয়তো তেওঁক অকৃতজ্ঞ সন্তান বুলি দোষাৰূপ কৰি আছে। শিশু সন্তান খুৰমেও হয়তো তেওঁক দায়িত্বহীন পিতৃ বুলি অভিমান কৰি আছে। এতিয়া হয়তো খুৰমে তেওঁক চিনিবই নোৱাৰিব। এই এবছৰত খুৰম বহুত ডাঙৰ হৈছে। তেওঁ চামান গাঁলৈ অহাৰ সময়ত খুৰমৰ বয়স আছিল পাঁচ বছৰ। এতিয়া তাৰ ছয় বছৰ সম্পুৰ্ণ হৈছে। অৰ্থাৎ তাক মাদ্ৰাছালৈ পঠোৱাৰ উপযুক্ত বয়স হৈছে। কিন্তু ফাতিমাই জানো তাক মাদ্ৰাছালৈ পঠাইছে? কথাটো জানিবৰ বাবে ৰস্তম ব্যগ্ৰ হৈ উঠিল। তেওঁ ইৰাণলৈ দূত পঠোবাৰ সিদ্ধান্তলৈ বহাৰপৰা উঠি থিয় হ'ল।

ঠিক তেনেতে সংযোগবশতঃ পৰিচাৰক এজন আহি ক'লে- মহামহিম, ইৰাণৰপৰা দূত আহি আপোনাৰ দৰ্শনৰ অপেক্ষাত ৰৈ আছে।

ইৰাণৰপৰা দূত অহাৰ কথা শুনি ৰুস্তম সজাগ হৈ উঠিল। তেওঁ আগ্ৰহেৰে সুধিলে- দূত আহিছে? 'ত আছে দূত? পৰিচাৰকে ক'লে- আপোনাৰ অপেক্ষাত দৰবাৰ কক্ষত ৰৈ আছে, মহামহিম।

দূত অহাৰ বাতৰি পাই ৰস্তমৰ মনত দুঃশ্চিন্তাৰ ক'লা ডাৱৰ সঞ্চাৰ হ'ল আৰু তেওঁ দূতৰ লগত সাক্ষাৎ কৰাৰ কাৰণে ব্যাকুল হৈ উঠিল। তেওঁ উদ্যানৰপৰা ওলাই দৰবাৰ কক্ষৰ ফালে খোজ ল'লে।

কস্তম দৰবাৰ কক্ষত প্রবেশ কৰাৰ লগে লগে ইৰাণৰপৰা অহা দূতজন থিয় হৈ অভিবাদন জনাই ক'লে- জাহাপনাই আপোনাক মাতি পঠিয়াইছে, মহামহিম। আপুনি আজিয়েই মোৰ লগত ইৰাণলৈ যাব লাগিব। এয়াই জাহাপনাৰ আদেশ।

মাতি পঠোৱাৰ কাৰণ জানিবলৈ ৰুস্তম ব্যগ্ৰ হৈ উঠিল। তেওঁ সুধিলে- মাতি পঠিওৱাৰ কাৰণ?

তুৰস্কৰ বাদচাহ আৰচাৰিয়াব আপোনাৰ অনুপস্থিতিৰ সুযোগ লৈ সীমান্তত সৈন্য সমাবেশ কৰি আছে, মহামহিম। তেওঁ যিকোনো মুহূৰ্তত ইৰাণ আক্ৰমণ কৰিব পাৰে। সেয়ে আসন্ন বিপদৰ কথা ভাবি বাদচাহ অস্থিৰ হৈ উঠিছে।

দূতৰ মুখত ইৰাণৰ আসন্ন বিপদৰ কথা শুনি ৰুস্তম অস্থিৰ হৈ উঠিল। তেওঁ বীৰ বিক্ৰমত হুংকাৰ দি উঠিল- নাই নাই, ম‍ই জীয়াই থাকোতে ইৰাণৰ স্বাধীনতা বিপন্ন হ'বলৈ নিদিও। হেৰা, কোন ক'ত আছা? ৰাক্সক সজাই পৰাই যাত্ৰাৰ বাবে সাজু কৰি তোলা।। এই মুহূর্তে ম‍ই ইৰাণলৈ যাত্ৰা কৰিম।। সাম্রাজ্য লোভী আৱচাৰিয়াবক সমুচিত শিক্ষা দি মই ইৰাণ জয়ৰ সপোন চিৰদিনৰ বাবে স্তব্ধ কৰি দিম।

ৰুস্তমৰ সিদ্ধান্তৰ কথা শুনি চাহৰিয়াৰ ব্যস্ত হৈ উঠিল। তেওঁ ৰুস্তমক ইৰাণলৈ যোৱাৰপৰা বিৰত কৰিবলৈ ক'লে- ইমান উত্তেজিত হৈছে কিয়? আপোনাৰ বাহিৰেওতো ইৰাণৰ বহু সৈন্য আছে। সিহঁতে জানো তুৰস্ক বাহিনীক খেদি পঠিয়াব নোৱাৰিব ?

ৰস্তমে সেমেনা-সেমেনি কৰি কলে- সৈন্য থাকিলেও সিহঁতৰ দ্বাৰা ইৰাণৰ স্বাধীনতা ৰক্ষা কৰা সম্ভৱ নহয়, জাহাপনা? ইৰাণৰ স্বাধীনতা বিপন্ন, এই সময়ত মই হাত সাৱটি বহি থাকিব নোৱাৰিম। মোক বাধা নিদিব, জাহাপনা

চাহৰিয়াৰৰ চকু-মুখত গভীৰ উৎকণ্ঠাৰ অভিব্যক্তি ফুটি উঠিল। তেওঁ বিষণ্ণ কণ্ঠত কলে- কিন্তু চামান গাঁৰ সিংহাসনৰ কি হ'? তাহমিনাই কি লৈ জীয়াই থাকিব?

তাহমিনাৰ কথা ভাবি ৰস্তম গহীন হৈ উঠিল। তেওঁৰ চকু-মুখত ঘনীভূত হৈ উঠিল বিষাদৰ ছাঁ। তেওঁ কোনোমতে নিজক চম্ভালিলৈ চাহৰিয়াৰক আশ্বাস দিয়াৰ কাৰণে দৃঢ়কণ্ঠত ক'লে- আপুনি চিন্তা নকৰিব, জাহাপনা। যুদ্ধজয় কৰি অতি সোনকালেই ম‍ই চামান গাঁলৈ উভতি আহিম।

ৰস্তমৰ আশ্বাসে চাহৰিয়াৰক শংকা মুক্ত কৰিব নোৱাৰিলে। কাৰণ যুদ্ধ অনিশ্চয়তাৰ খেল। যুদ্ধজয়ৰ কথা কোনেও ডাঠি ক'ব নোৱাৰে। অতি পৰাক্ৰমী বীৰেও কেতিয়াবা দৈৱ দূর্বিপাকত পৰি পৰাজিত হ'ব লগা হয়। অৱশ্যে ৰস্তমৰ কথা সুকীয়া। তেওঁ অকলেই হাজাৰ জন। ৰস্তমৰ নাম শুনিলেই অতি পৰাক্ৰমী বীৰৰ হৃদয়তো ভয়ৰ সঞ্চাৰ হয়। তৰোৱাল ধৰা হাতৰ মুঠি শিথিল হৈ পৰে। ইৰাণৰ প্ৰতিও তেওঁৰ অগাধ ভালপোৱা। গতিকে তেওঁ ইৰাণলৈ যাব খুজিছে যেতিয়া বাধা দি ৰখাটো সম্ভৱ নহ'ব। দৌৰিবলৈ লোৱা ঘোঁৰাক বাধা দি ৰখাবলৈ গ'লে বিপত্তি হোৱাৰ দৰে ৰুস্তমকো বাধা দি ৰাখিবলৈ গ'লেও তেনেকৈ বিপত্তিহে হ'ব। গতিকে তেওঁ ৰুস্তমক সোনকালে উভতি অহাৰ বাবে অনুৰোধ জনাই ক'লে- বাৰু, যাব খুজিছে যেতিয়া যাওঁক। কিন্তু যুদ্ধ শেষ কৰিয়ে উভতি আহিব। আপোনাৰ কাৰণে আমি অধীৰভাবে অপেক্ষা কৰি থাকিম। সেনা সাহায্যৰ প্ৰয়োজন হ'লে মোলৈ খবৰ পঠিয়াব। আপোনাৰ সাহায্যৰ বাবে মই এদল সেনা সদায় সাজু কৰি ৰাখিম। এইদৰে কৈয়ে তেওঁ চহিচক উদ্দেশ্য কৰি ক'লে- যোৱা, সোনকালে ৰাক্সক সজাই-পৰাই যাত্ৰাৰ বাবে সাজু কৰি তোলাগৈ।

চাহৰিয়াৰৰপৰা অনুমতি পাই ৰুস্তম উৎফুল্ল হৈ উঠিল। তেওঁ নতজানু হৈ চাহৰিয়াৰৰ পদধূলি লৈ সভাসদসকলক উদ্দেশ্য কৰি ক'লে- আপোনালোকৰ পৰাও মই বিদায় মাগিছোঁ, মহামহিমসকল। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই যুদ্ধ জয় কৰি অতি সোনকালে আপোনালোকৰ মাজলৈ উভতি আহিব পাৰোঁ।

সভাসদসকল সমবেত কণ্ঠত কৈ উঠিল- আমি আপোনাৰ বিজয় কামনা কৰিছোঁ, মহামহিম। যুদ্ধ জয় কৰি আপুনি আমাৰ মাজলৈ সোনকালে উভতি আহক, আমি এয়াই আমাৰ কামনা।

সভাসদসকলৰপৰা বিদায় লৈ ৰুস্তম তাহমিনাৰ ওচৰলৈ আহিল।

ৰাস্তম ইৰাণলৈ যোৱাৰ খবৰটো ইতিমধ্যেই প্রাসাদময় বিয়পি পৰিছিল। সেয়ে তাহমিনাই অধীৰভাৱে ৰুস্তমৰ কাৰণে অপেক্ষা কৰি আছিল।

কক্ষৰ ভিতৰত প্ৰবেশ কৰি ৰুস্তমে আবেগ বিহবল কণ্ঠত ক'লে- তাহমিনা, তুমি হয়তো ইতিমধ্যে জানিব পাৰিছা যে, ম‍ই এতিয়াই ইৰাণলৈ যাত্ৰা কৰিব লাগিব। তুমি মোক হাঁহি মুখে বিদায় দিয়া, তাহমিনা।

তাহমিনাই মুখেৰে একো নামাতি ৰস্তমৰ বুকুত মূৰ থৈ ফেঁকুৰি উঠিল।

ৰস্তমে তাহমিনাৰ মূৰত হাত বোলাই ক'লে- কান্দিছা কিয়, তাহমিনা? মইতো চিৰদিনৰ কাৰণে তোমাক এৰি থৈ যাবলৈ ওলোৱা নাই। যুদ্ধ শেষ কৰিয়ে মই পুনৰ তোমাৰ ওচৰলৈ উভতি আহিম। তুমি দুখ নকৰিবা।

তাহমিনাই ব্যথা বিগলিত কণ্ঠত ক'লে- যুদ্ধ অনিশ্চয়তাৰ খেল। যুদ্ধত আপোনাৰ যদি..

তাহমিনাই বাক্যটো শেষ কৰিব নোৱাৰিলে। শোকে তাইৰ বুকুত সোপা মাৰি ধৰিলে।

কস্তমে তাহমিনাক আশ্বাস দিবলৈ ক'লে- তুমি চিন্তা নকৰিবা, তাহমিনা। আমি পৰ-ৰাজ্য গ্ৰাস কৰিবলৈ যুদ্ধ নকৰোঁ। আমি মাতৃভূমিৰ স্বাধীনতা ৰক্ষা কৰিবলৈহে যুদ্ধ কৰিম। গতিকে আল্লাহ আমাৰ সহায় থাকিব। তদুপৰি যুদ্ধত জয়-পৰাজয় আছেই। এনেকি মৃত্যু পর্যন্তও হব পাৰে। সেইবুলি প্ৰকৃত বীৰে পৰাজয় বা মৃত্যুৰ ভয়ত কেতিয়াও হাত সাৱটি বহি নাথাকে। তুমি বীৰ জায়া, বীৰ জায়াৰো এনেকুৱা দুৰ্বলতা শোভা নাপায়, তাহমিনা।

তাহমিনাই বাষ্পাৰূদ্ধ কণ্ঠত ক'লে- আপুনি পুৰুষ কাৰণেহে এনেকুৱা কথা ক'ব পাৰিছে। ম‍ই নাৰী। নাৰীৰ কাৰণে স্বামীৰ ভালপোৱাৰ বিকল্প নাই। আপুনি মোৰ চকুৰ জ্যোতি, মুখৰ হাঁহি, হৃদয়ৰ স্পন্দন। আপোনাৰ অদৰ্শনত ম‍ই সময়বোৰ কেনেকৈ পাৰ কৰিম? আপোনাৰ অবিহনে তাহমিনা নিষ্প্রভ, নিৰ্জীৱ পদাৰ্থৰ দৰে হৈ পৰিব। এইবোৰ কথা জানো আপুনি ভাবি চাইছে?

ৰস্তমে সস্নেহে তাহমিনাৰ পিঠিত হাত বুলাই ক'লে- নিশ্চয় ভাবিছোঁ। তোমাৰ অদৰ্শনত ময়ো শান্তিত থাকিব নোৱাৰিম। মোৰ দেহটো ইৰাণলৈ যাব সঁচা; কিন্তু মন চামান গাঁৰ ৰাজপ্রাসাদতে পৰি থাকিব।

কিন্তু বাদচাহে যদি আপোনাক পুনৰ চামান গাঁলৈ আহিবলৈ নিদিয়ে তেতিয়া কি কৰিব? তাহমিনাই সংশয় প্রকাশ কৰি ক'লে।

কথাটো শুনি কস্তমো কিছু পৰিমাণে চিন্তিত হৈ পৰিল। কায়কাউচ এগৰাকী স্বেচ্ছাচাৰী আৰু আঁকোৰগোজ স্বভাৱৰ মানুহ। এবছৰকাল ইৰাণ এৰি থকাৰ কাৰণে তেওঁ ৰুস্তমৰ প্ৰতি অসন্তুষ্ট হৈ থকাৰ কথাও কস্তমে জানে। গতিকে তেওঁ ইৰাণলৈ গ'লে পুনৰ চামান গাঁলৈ আহিবলৈ অনুমতি নিদিব বুলিও ৰুস্তম দৃঢ় নিশ্চিত। কথাষাৰ ভাবি ৰুস্তম নিজেও শংকিত হৈ উঠিল। কিন্তু কথাষাৰ কৈ তেওঁ তাহমিনাৰ মনত দুখ দিব নুখুজিলে। সেয়ে তেওঁ তাহমিনাক শান্ত্বনা দিবলৈ ক'লে- ইৰাণৰ বাদচাহে তেনেকুৱা ধৃষ্টতা হয়তো নকৰিব; যদি কৰেও প্ৰয়োজন হ'লে ম‍ই চিৰদিনৰ কাৰণে ইৰাণ ত্যাগ কৰি চামান গাঁলৈ গুচি আহিম। এই বিষয়ে তুমি নিশ্চিন্ত থাকা। এতিয়া তুমি মোক হাঁহিমুখে বিদায় দিয়া। যাত্ৰাৰ সময়ত তোমাৰ বেদনাচ্ছন্ন মুখ দেখি গ'লে ম‍ই শান্তি নাপাম। এইদৰে কোৱাৰ পাছত হঠাৎ তেওঁৰ এষাৰ কথা মনত পৰি গ'ল। সিদিনা তাহমিনাই তেওঁক কিবা এটা সুখবৰ দিব বুলি কৈছিল। ঠিক তেনেতে পৰিচাৰিকা এগৰাকী সোমাই অহাত তাই কথাটো ক'ৰপৰা নাছিল। সিদিনাৰ সেই কথাষাৰ মনত পৰাৰ লগে লগে তেওঁ ক'লে- সিদিনা তুমি কিবা এটা সুখবৰ দিয়াৰ কথা কৈছিলা দেখোন! কিন্তু এতিয়ালৈকে তুমি সেই সুখবৰটো দিয়া নাই! আজি এই বিদায়ৰ মুহূৰ্তত সেই সুখবৰটো জানিব পাৰিলে খুবেই ভাল লাগিলহেঁতেন। কোৱাচোন সেই সুখবৰটো কি?

ৰুস্তমৰ প্ৰশ্নত তাহমিনাৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'ল। আচলতে তাই অন্তঃসত্ত্বা। সিদিনা তাই এই কথাটোকে ৰস্তমক ক'বলৈ গৈছিল; কিন্তু তেনেতে পৰিচাৰিকা এজনী সোমাই অহাত ক'বপৰা নাছিল। কেতিয়াবা সময় সুযোগ বুজি সুখবৰটো দিব বুলি তাই মনতে ভাবি আছিল। কিন্তু এতিয়ালৈকে তাই কথাটো ৰস্তমক ক'বপৰা নাই। কাৰণ দিনো বেছিহোৱা নাই। মাথোন চাৰিদিন আগৰ কথা৷ ইফালে ৰুস্তম এনেকৈ হঠাৎ গুচি যাব বুলিও তাই ভবা নাছিল।

কস্তমে কথাটো মনত পেলাই দিয়াৰ লগে লগে তাই লাজত ৰঙা হৈ উঠিল যদিও এষাৰ কথা ভাবি তাই পুলকিতও হৈ উঠিল। কাৰণ ৰুস্তম সোনকালে উভতি অহাৰ কাৰণে তাই এটা অৱলম্বন পালে। নতুনকৈ আহিবলৈ ধৰা অতিথিৰ কথা শুনিলে ৰুস্তম নিশ্চয় ৰোমাঞ্চিত হৈ উঠিব আৰু যুদ্ধ শেষ কৰি সোনকালে উভতি অহাৰ বাবে চেষ্টা কৰিব। গতিকে তাই ৰস্তমক কথাটো ক'বলৈ অধিক আগ্ৰহী হৈ উঠিল। তাই ৰস্তমৰ ফালে চাই লাজ মিহলি কণ্ঠত ক'লে- মই বর্তমান অন্তঃসত্ত্বা। আপোনাৰ সন্তানৰ মাতৃ হ'বলৈ ওলাইছোঁ। সিদিনা ম‍ই এই সুখবৰটোকে আপোনাক দিব খুজিছিলো।

তাহমিনাই কথাটো ক'বলৈহে পালে, ৰুস্তম সৰু ল'ৰাৰ দৰে আনন্দত জঁপিয়াই উঠিল। তেওঁ তাহমিনাক সাৱটি ধৰি ক'লে- আঃ তাহমিনা, তোমাক যে মই কি বুলি ধন্যবাদ দিম। তোমাৰ সন্তানৰ পিতৃ হোৱাৰ সৌভাগ্য হোৱাত মই ভীষণ ভাবে আনন্দিত। এইদৰে কৈয়ে ৰুস্তমে নিজৰ বাহুৰপৰা মাদুলি এটা খুলি তাহমিনাৰ ফালে আগবঢ়াই ক'লে- তাহমিনা, এই মাদুলিটো লোৱা৷ ল'ৰাই হওঁক বা ছোৱালীয়ে হওঁক খোজ কাঢ়িবপৰা হ'লেই তুমি এই মাদুলিটো তাৰ বাহুত বান্ধি দিবা। এই মাদুলিটো আমাৰ বংশৰ প্ৰতীক। এই মাদুলিটো বাহুত দেখিলে আটায়ে শিশু সন্তানটোক মোৰ সন্তান বুলি চিনিব পাৰিব। যেতিয়ালৈকে সন্তানটো খোজ কাঢ়িবপৰা নহয় তেতিয়ালৈকে মাদুলিটো তোমাৰ বাহুত বান্ধি ৰাখিবা ৷

তাহমিনাই মাদুলিটোলৈ চাই নিজৰ সোঁহাতখন ৰুস্তমৰ ফালে আগবঢ়াই ক'লে- আপুনিয়ে বান্ধি দিয়ক। শিশু সন্তান খোজ কাঢ়িবপৰা নোহোৱালৈকে এই মাদুলিটো চাই চাই ম‍ই আপোনাৰ আগমন অপেক্ষাত দিন গণি থাকিম আৰু এই মাদুলিটোৰ মাজত ম‍ই আপোনাৰ উপস্থিতি অনুভৱ কৰি থাকিম।

সস্নেহে মাদুলিটো তাহমিনাৰ সোঁৱাহুত বান্ধি দি ৰস্তমে মাদুলিটোত চুমা খালে।

এনেতে পৰিচাৰিকা এজনীয়ে দুৱাৰত খট্‌খটাই ক'লে- মহামহিম, ৰাক্সক সজাই-পৰাই যাত্ৰাৰ বাবে সাজু কৰি তোলা হৈছে আৰু ইৰাণৰপৰা অহা দূতজন আপোনাৰ অপেক্ষাত ৰৈ আছে।

পৰিচাৰিকাই যাত্ৰাৰ কথা সোঁৱৰাই দিয়াত ৰুস্তম সচকিত হৈ উঠিল। তেওঁ আবেগ মিহলি কণ্ঠত ক'লে- যাওঁ তাহমিনা, ইৰাণৰ বিপদ আসন্ন। বর্তমান এটা লহমা মোৰ কাৰণে এটা যুগৰ দৰে অনুমান হৈ আছে। বিদায় তাহমিনা, বিদায় ।

তাহমিনাই অশ্রুসজল নয়নত বিষণ্ণকণ্ঠত বিদায় সম্ভাষণ জনালে- আল্লাহ আপোনাৰ সহায় হওঁক। আপোনাৰ যুদ্ধজয়ৰ বাতৰিৰ বাবে ম‍ই অধীৰভাবে অপেক্ষা কৰি থাকিম। যুদ্ধজয় কৰিয়ে আপুনি উভতি আহিবলৈ নাপাহৰিব।

নিশ্চয় নাপাহৰো। তুমি চিন্তা নকৰিবা। সন্তান জন্ম হ'লেই তুমি মোলৈ খবৰ পঠিয়াবা। ম‍ই তোমাৰ খবৰৰ কাৰণে অধীৰ ভাবে অপেক্ষা কৰি থাকিম। এইদৰে কৈ তাহমিনাৰ হাতত চুমা খাই ৰুস্তম চঞ্চল পদক্ষেপত কক্ষৰপৰা ওলাই গ'ল।

তাহমিনাই আবেগ বিহ্বল দৃষ্টিৰে ৰস্তমৰ অপসৃয়মান দেহৰ ফালে চাই শোকত ম্ৰিয়মান হৈ পৰিল।

ইফালে ৰাক্স কস্তমৰ অপেক্ষাত ছট্‌ফটাই আছিল। ৰস্তমক দেখি সি অধিক চঞ্চল হৈ উঠিল। উত্তেজনাত সি আগভৰিৰে মাটি খুঁচৰিবলৈ ধৰিলে।

ৰস্তমে সস্নেহে ৰাক্সৰ গাত হাত বুলাই চহিচৰ হাতৰপৰা লেকামডাল নিজৰ হাতলৈ আনি জাপ মাৰি ৰাক্সৰ পিঠিত উঠি বহিল। ৰাক্সে চি হি হি বুলি চিঞৰি আগ ঠেং দুটা ওপৰলৈ দাঙি আনন্দ প্ৰকাশ কৰিলে। ৰস্তম ভৰিৰ গেৰোহাৰে ৰাক্সৰ পেটত মৃদু আঘাত কৰি চেঁকুৰ মেলাৰ ইংগিত দিলে। ইংগিত পাই ৰাক্স বায়ু বেগত ইৰাণ অভিমূখে চেঁকুৰ মেলিলে।

ৰাকাৰ খুৰাৰ খট্‌খটালপ্ শব্দ তৰংগ তাহমিনাৰ কাণত পৰিল। তাই খিড়কিৰ কাষত থিয় হৈ চকুৰ আঁৰ নোহোৱালৈকে কস্তমৰ অপসৃয়মান দেহৰ ফালে সতৃষ্ণ নয়নে চাই থাকিল। এটা সময়ত ঘোঁৰাৰ সৈতে ৰুস্তম তাইৰ দৃষ্টি পথৰপৰা অদৃশ্য পৰিল। তথাপি তাই বহু সময় শিলপৰা কপৌৰ দৰে ৰস্তমৰ গন্তব্য পথৰ ফালে চাই ৰ'ল আৰু এটা সময়ত গভীৰ হুমুনিয়াহ কাঢ়ি খিড়িকিৰ কাষৰপৰা আঁতৰি আহিল।

ৰাক্সৰ গতিৰ সমান্তৰাল ভাবে চামান গাঁৰ ৰাজপ্রাসাদ পিছুৱাই যাবলৈ ধৰিলে।

দূৰত্ব বঢ়াৰ লগে লগে ৰুস্তমৰ মনৰপৰা তাহমিনাৰ প্ৰতিচ্ছবি ম্লান হৈ তাৰ ঠাইত উদ্ভাসিত হৈ উঠিল ইৰাণৰ বাদচাহৰ বিধবস্ত উৎকণ্ঠিত মুখৰ প্রতিচ্ছবি। মাজে মাজে ফাতিমাৰ অভিমান ভৰা মুখৰ লগতে খুৰম আৰু বৃদ্ধ দেউতাক জালৰ মূখৰ প্ৰতিচ্ছবিও তেওঁৰ মানস পটত ভূমুকি মাৰিবলৈ ধৰিলে।

যথা সময়ত ৰুস্তম আহি ইৰাণ পালেহি। ৰুস্তম অহাৰ বাতৰি পাই কাউকাউচে স্বস্তিৰ নিঃশ্বাস পেলালে আৰু ইৰাণী সেনাৰ মাজতো উৎসাহ উদ্দীপনা জাগি উঠিল।

পাছদিনা ৰস্তমৰ নেতৃত্বত ইৰাণী বাহিনী যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হ'ল। ৰস্তমৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি তুৰস্ক বাহিনী ছেদেলি-ভেদেলি হৈ পৰিল। ৰস্তম পলৰীয়া সৈন্যৰ পিছে পিছে খেদি গৈ ইৰাণ সীমান্ত পাৰ কৰি দিলে। ফলত যুদ্ধজয়ৰ আশা ত্যাগ কৰি আবচাৰিয়াব যুদ্ধ ক্ষেত্ৰৰপৰা প্ৰাণ লৈ পলায়ন কৰিলে।

    *        *        *

 

 

 

 

                     (আঠ)

প্ৰতীক্ষাৰ সময়বোৰ বৰ দীঘলীয়া আৰু মৰ্মান্তিক ভাবে বিৰিক্তিকৰ। ৰুস্তম ইৰাণলৈ গুচি যোৱাৰ পাছত তেওঁৰ উভতি অহালৈ বাট চাই তাহমিনাই অস্বস্তিকৰ সময়বোৰ পাৰ কৰিবলৈ ধৰিলে।

14অপেক্ষাৰ সীমা নাই। সীমাহীন অপেক্ষা। ৰস্তমৰ আগমন অপেক্ষাত এমাহ দুমাহ কৰি সাতমাহ কালৰ বুকুত জাহ গ'ল। হতাশাত ভাঙি পৰিল তাহমিনা। ফুলৰ পাপৰিৰ দৰে তাইৰ আশা-আকাংক্ষাৰ পাপৰিবোৰ সৰি পৰিবলৈ ধৰিলে। নিবিড় ৰাতিৰ আন্ধাৰৰ দৰে বিমৰ্ষ বেদনাই তাইৰ সমগ্ৰ সত্ত্বা ছানি ধৰিলে।

সকলোৱে অৱলম্বন বিচাৰে। শোক-তাপ বিৰহ-বেদনা পাহৰিবলৈও অৱলম্বনৰ প্ৰয়োজন হয়। তাহমিনাৰ অৱলম্বন তাইৰ পেটত চন্দ্ৰকলাৰ দৰে বাঢ়ি অহা সন্তানটো। পেটত থকা সন্তানটোৰ কথা ভাবি তাই বিৰহ-বেদনা পাহৰিবলৈ চেষ্টা কৰে; কিন্তু পাহৰিব খুজিলেই জানো সকলো কথা পাহৰিব পাৰি! সন্তানটো পেটৰ ভিতৰত যেতিয়া লৰচৰ কৰে তেতিয়া তাই পুলক অনুভৱ কৰে সঁচা; কিন্তু তেতিয়া তাইৰ ৰস্তমলৈকো বেছিকৈ মনত পৰে। ৰস্তমৰ স্মৃতিয়ে তাইক বেছিকৈ থকা-সৰকা কৰেবুকুখন হম্হমাই উঠে। কিবা যেন এক নাই নাই ভাবে তাইৰ হৃদয় হেঁচা মাৰি ধৰে। তেতিয়া ৰস্তমৰ প্ৰতি তাইৰ অভিমান বাঢ়ে। সেই অভিমানকে অৱলম্বন কৰি তেতিয়া তাই সময়বোৰ পাৰ কৰিবলৈ যত্ন কৰে। কস্তমে যদি তাইক পাহৰি থাকিব পাৰিছে তাইনো নোৱাৰিব কিয়! নিশ্চয় পাৰিব। পাৰিবই লাগিব। এইদৰে অভিমানৰ প্ৰলেপ সানি তাই বুকু ডাঠ কৰে আৰু নতুন অতিথিৰ আগমন অপেক্ষাত সময়বোৰ পাৰ কৰিবলৈ যত্ন কৰে।

তাহমিনাৰ মলিন বিমর্ষ মুখমণ্ডললৈ চাই বাদচাহ চাহৰিয়াৰৰ বুকুখনো হম্হমাই উঠে। অৱসৰ সময়ত তেওঁ তাহমিনাক সান্ত্বনা দিবলৈ যত্ন কৰে। কিন্তু তাহমিনাৰ হতাশা আৰু দুখ দেখি এটা সময়ত চাহৰিয়াৰো শোকত ভাঙি পৰিল। তাহমিনাক সান্ত্বনা দিয়াৰ ভাষা তেওঁ হেৰুৱাই পেলালে। সান্ত্বনা বাণীয়ে নাৰীৰ বুকু জুৰাব নোৱাৰে বৰং দুখ বৃদ্ধিহে কৰে। নাৰীৰ বাবে স্বামীৰ বিকল্প নাই। স্বামী থাকিও স্বামীৰ ভালপোৱাৰপৰা বঞ্চিতা হৈ থকাটো নাৰীৰ বাবে চৰম দুৰ্ভাগ্য। সেই দুর্ভাগ্যৰে চিকাৰ হৈছে তাহমিনা। তাহমিনাৰ দুৰ্ভাগ্যৰ কথা ভাবিয়ে চাহৰিয়াৰে এদিন ইৰাণলৈ দূত পঠোৱাৰ কথা ভাবিলে।

ভবামতেই চাহৰিয়াৰে পাছদিনা বিশ্বস্ত দূত কামৰাণক মতাই আনি ক'লে- ৰুস্তম ইৰাণলৈ যোৱাৰ পাছত বহুদিন পাৰ হ'ল। আজিলৈ প্ৰায় সাত মাহেই পাৰ হ'বৰ হ'ল। যুদ্ধ জয় কৰিয়ে তেওঁ চামান গাঁলৈ ঘুৰি অহাৰ কথা আছিল; কিন্তু সি উভতি অহাতো দূৰৰে কথা, এতিয়ালৈকে তেওঁ কোনো খা-খবৰে পঠোৱা নাই। গতিকে তুমি কাইলৈয়ে ইৰাণলৈ গৈ তেওঁৰ খা-খবৰ কৰি আহাগৈ। সম্ভৱ হ'লে লগতে লৈ আহিবা। আমি তেওঁৰ কাৰণে দুঃশ্চিন্তাত সময় অতিবাহিত কৰি আছো বুলি ক'বা। এইদৰে কৈয়ে চাহৰিয়াৰে ক্ষন্তেক ভাবি পুনৰ ক'লে - নাই নাই, মোৰ অসুখ হোৱা বুলিয়ে কবা। মোৰ অসুখৰ কথা শুনিলে তেওঁ নিশ্চয় সোনকালে আহিবলৈ বাধ্য হ'ব।

কামৰাণে মূৰ দোৱাই সন্মতি জনালে- যথা আজ্ঞা, জাহাপনা।

চাহৰিয়াৰে ব্যস্ত ভাবে ক'লে- তুমি কাইলৈয়ে যোৱাগৈ। এইদৰে যাত্ৰাৰ বাবে তাগিদা দি তেওঁ কামৰাণৰ ওচৰলৈ আহি ৰহস্যময় ভংগীত ফুচফুচাই ক'লে- কিন্তু তুমিযে ইৰাণলৈ গৈ আছা এই কথা কাৰো ওচৰত প্ৰকাশ নকৰিবা। এনেকি তাহমিনাকো নকবা। তুমি ৰস্তমক মাতি আনিবলৈ যোৱাৰ কথা শুনিলে তাই অভিমানত বিধি পথালিও দিব পাৰে। বেচেৰীয়ে ৰুস্তমৰ আগমন অপেক্ষাত দিন গণি গণি একেবাৰে ভাগৰি পৰিছে।

কামৰাণে সন্মতিসূচক মূৰ দুপিয়াই ক'লে- যথা আজ্ঞা, জাহাপনা।

চাহৰিয়াৰে ভবামতেই হ'ল। দূতক চাহৰিয়াৰৰ কক্ষলৈ সোমাই অহা দেখি তাহমিনা কৌতুহল বশতঃ দেউতাকৰ কক্ষৰ দুৱাৰ মুখত ৰৈ লুকাই-চুৰকৈ দেউতাক আৰু কামৰাণৰ কথা-বতৰা শুনি আছিল। দেউতাকৰ সিদ্ধান্তৰ কথা শুনি দেউতাকে ভবা মতেই তাইৰ হৃদয়ত অভিমানৰ ঘূৰ্ণি বতাহ পাক খাই উঠিল। কি দৰ্কাৰ ৰস্তমৰ খবৰ লোৱাৰ? কস্তমে যদি তাইক পাহৰি থাকিব পাৰিছে তাইনো নোৱাৰিব কিয়? আচলতে কস্তমেহে তেওঁলোকৰ খবৰ ল'ব লাগিছিল! সেয়া নহৈ তেওঁলোকেহে ৰস্তমৰ খবৰ ল'ব লগা হৈছে। অর্থাৎ মেহমানেহে গৃহস্থক সুধিব লগা হৈছে। এইবোৰ কথা মনতে ভাবি তাহমিনা কক্ষৰ ভিতৰলৈ সোমাই আহিল আৰু দেউতাকৰ সিদ্ধন্তৰ বিৰোধিতা কৰি ক'লে- আব্বাজান, কি দৰ্কাৰ তেওঁক মাতি অনাৰ? তেওঁৰ মন গ'লে আহিব আৰু যদি মন নাযায় নাহিব। ইয়াকলৈ ইমান ব্যস্ত হোৱাৰ প্ৰয়োজন নাই। তেওঁ নথকাত জানো আমি জীয়াই থকা নাই? তেওঁ যদি আমাৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ কৰা নাই, আমিনো তেওঁৰ খবৰ লোৱাৰ বাবে ইমান ব্যস্ত হৈছোঁ কিয়? কিলাই কঁঠাল পকালে কঁঠালৰ সোৱাদ নাথাকে আব্বাজান।

চাহৰিয়াৰ জানে এয়া তাহমিনাৰ মনৰ কথা নহয়, মুখৰহে কথা। পুৰুষৰ উপেক্ষাতকৈ এজনী নাৰীৰ বাবে লজ্জাজনক কথা নাই। ৰুস্তমৰ উপেক্ষাৰ বাবেই তাইৰ হৃদয়ত অভিমান সঞ্চাৰিত হৈছে আৰু তাই অভিমানতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। সেয়ে চাহৰিয়াৰে তাহমিনাৰ যুক্তি খণ্ডন কৰি ক'লে- তই সেইবোৰ নুবুজিবি আই। সি পুৰুষ মানুহ। এশ এবুৰি সমস্যা থাকে পুৰুষ মানুহৰ তদুপৰি ৰুস্তম বীৰ পুৰুষইৰাণৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত। ফলত তেওঁ কোনো গুৰুত্ব পূর্ণ কামত ব্যস্ত থকাৰ কাৰণে হয়তো আমাৰ খবৰ লোৱাৰ বাবে আহৰি পোৱা নাই। আমাৰ প্ৰতি তেওঁৰ দায়িত্ব আছে সঁচা; কিন্তু সেই বুলি আমাৰো জানো দায়িত্ব নাই তেওঁৰ প্ৰতি? অৱশ্যে তেওঁৰ অলপ বেছি আৰু আমাৰ অলপ কম। কম হ'লেও দায়িত্বইতো। তেওঁ হয়তো কোনো অসুবিধাৰ কাৰণে তেওঁৰ দায়িত্ব পালন কৰিব পৰা নাই; কিন্তু আমি আমাৰ দায়িত্ব পালন কৰাততো কোনো অসুবিধা নাই?

তাহমিনাই দেউতাকক বাধা দি ক'লে- তেওঁ যদি তেওঁৰ কৰ্তব্য পালন নকৰাকৈ থাকিব পাৰে আমিনো নোৱাৰিম কিয় ?

চাহৰিয়াৰে উপদেশৰ সুৰত ক'লে -তেনেহ'লে আমিও দেখোন তেওঁৰ দৰেই হলোঁ। অভিমান ত্যাগ কৰি ম‍ই যি কৈছোঁ তাকে কৰ। ম‍ই তোৰ কথা ভাবিয়ে দূত পঠোৱাৰ সিদ্ধান্ত লৈছোঁ। তদুপৰি যুদ্ধ মানেইতো অনিশ্চিয়তাৰ খেল। নাই নাই মানে--- আহততো হ'ব পাৰে। অসুখ- বিসুখৰ কথাওতো ক'ব নোৱাৰি। যদি কিবা অসুখ-বিসুখেই হৈ থাকে।

অসুখৰ কথা শুনি তাহমিনাৰ বুকুখন চিৰিংকৈ উঠিল। যুদ্ধজয়ৰ বাতৰি অৱশ্যে তাই সময় মতেই পাইছে। যুদ্ধত কোনো অঘটন ঘটা নাই বুলিও তাই জানে। কিন্তু অসুখ-বিসুখ? অসুখ-বিসুখ হোৱাটোতো অসম্ভৱ নহয়। ৰোগ-ব্যাধি জীৱৰ সহচৰ। জৰা-ব্যাধিৰ দৰে এশ এবুৰি প্রতিকূল পৰিস্থিতিৰ লগত যুঁজি যুঁজি জীৱই জীয়াই থাকে। গতিকে অসুখৰ কথা শুনি তাইৰ হৃদয়ত সঞ্চাৰিত হোৱা অভিমানৰ কুঁৱলিবোৰ পলকতে আঁতৰি গ'ল। অভিমানৰ ঠাইত তাইৰ হৃদয়ত দুঃশ্চিন্তাৰ ঘূৰ্ণী বতাহ পাক খাই উঠিল। গতিকে তাই এইবাৰ দেউতাকৰ সিদ্ধান্তৰ বিৰোধিতা নকৰি আত্মসমৰ্পণৰ ভাৱত ক'লে- পঠাব খুজিছে যেতিয়া পঠাই দিয়ক। কিন্তু অহাৰ কথা ক'ব নালাগে। কুশল বাতৰি সুধি আহিলেই হ'ব।

বাৰু, তুমি বিচৰা মতেই হ'ব। তাহমিনাক এইদৰে আশ্বাস দি চাহৰিয়াৰে কামৰাণক উদ্দেশ্য কৰি ক'লে- তুমি কাইলৈয়ে যাত্ৰা কৰিবা। যোৱাৰ আগতে মোৰ লগত দেখা কৰি যাবা।

'যথা আজ্ঞা' বুলি কামৰাণ কক্ষৰপৰা ওলাই গ'ল।

তাহমিনাইও বিষণ্ণ ভাৱে দূতৰ পাছে পাছে কক্ষৰ পৰা ওলাই গ'ল।

তাহমিনাৰ বিষণ্ণতা দেখি চাহৰিয়াৰৰ বুকুৰ কোনোবা খিনিত মোচড় দি উঠিল। তেওঁ বহাৰপৰা উঠি অন্যমনস্ক ভাৱে খিড়িকিৰে বাহিৰলৈ চাই পঠিয়ালে ।

    *        *        *

 

 

 

 

                                           (ন)

কামৰাণ যথা সময়ত আহি ইৰাণ পালেহি। ইৰাণলৈ আহিয়ে সি সুধি-মেলি ৰুস্তমৰ ঘৰ বিচাৰি উলিয়ালে।

ৰাজপ্রাসাদৰপৰা অনতিদূৰতে ৰুস্তমৰ ঘৰ অৱস্থিত। ঘৰখনত তিনিটা খেৰৰ পঁজা ঘৰ। ঘৰবোৰ সৰু চাপৰ। বেৰবোৰ মাটিৰে লেপা। ঘৰৰ অৱস্থা দেখি ঘৰখন কস্তমৰ বুলি বিশ্বাস কৰিবলৈকে টান পালে কামৰাণে। বেলেগ কোনো ৰস্তমৰ ঘৰলৈ আহিছে বুলি ভাবি সি উভতিয়ে যাব খুজিছিল; কিন্তু শেষ মুহূৰ্তত সি সিদ্ধান্ত সলনি কৰিলে। আচলে হওঁক বা নকলে হওঁক ঘৰখনৰ মানুহৰ লগত কথা পতাৰ কথা ভাবিলে সি।

ঘৰখনত দুখন চোতাল। বাহিৰ চোতাল আৰু ভিতৰ চোতাল। বাহিৰ ফালৰ চোতালৰ শেষ প্রান্তত ভিতৰলৈ সোমাই যোৱা বাটত আবুৰ। সি আগবাঢ়ি আবুৰৰ ওচৰলৈ আহিল। কৌতুহলবশতঃ সি আবুৰৰ ফাঁকেৰে ভিতৰ ফালৰ চোতাললৈ চাই পঠিয়ালে। চোতালৰ সি প্ৰান্তত থকা বাৰাণ্ডাত সি এগৰাকী বৃদ্ধক বহি থকা দেখিলে।

অশতিপৰ বৃদ্ধ। দাঢ়ি-চুলি পকা। দাঢ়ি-চুলিৰ দৰে গাৰ বৰণো শোধ বগা। হাতীৰ দৰে প্ৰকাণ্ড দেহাৱয়ব। যৌৱন কালত বৃদ্ধগৰাকীযে এগৰাকী বীৰ পুৰুষ আছিল দেহাৱয়বলৈ লক্ষ্য কৰি সেই কথা উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল কামৰাণৰ। সি লোকমুখে শুনি শুনি ৰস্তমৰ দেউতাক মহাবীৰ জালৰ বিষয়ে বহু কথাই জানিছিল। জালৰ গাৰ বৰণ বগলি পাখিৰ দৰে বগা বুলিও সি জানিছিল। গতিকে দেহাৱয়ব আৰু গাৰ বৰণলৈ লক্ষ্য কৰি এই বৃদ্ধ গৰাকীয়ে যে ৰস্তমৰ দেউতাক জাল সেই বিষয়ে কামৰাণৰ দৃঢ় বিশ্বাস জন্মি গ'ল। গতিকে সি বৃদ্ধৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গল খেকাৰি মাৰি সুধিলে- হেৰি, কোন আছে ভিতৰত? অকণমান মাত দিয়কচোন।

কামৰাণৰ মাত বৃদ্ধগৰাকীৰ কাণত পৰিল। চক্ খাই উঠি তেওঁ উৎকৰ্ণ হৈ বগলীৰ দৰে ডিঙি মেলি আবুৰৰ ফালে দৃষ্টি নিৱদ্ধ কৰি গলগলীয়া মাতেৰে সুধিলে- কোন? আহা, সোমাই আহা।

বৃদ্ধৰপৰা আহ্বান পাই কামৰাণ আবুৰ পাৰ হৈ ভিতৰ ফালৰ চোতাললৈ সোমাই আহিল।

বৃদ্ধগৰাকীয়ে পুনৰ মাতিলে- আহা। কামৰাণ গৈ বৃদ্ধগৰাকীৰ কাষ পোৱাৰ পাছত তেওঁ পুনৰ ক'লে- পিছে সকাম কি? কাক লাগে? কামৰাণে বৃদ্ধগৰাকীৰ প্ৰশ্নৰ উত্তৰ নিদি সেমেনা-সেমেনি কৰি সুধিলে- এইখন মহাবীৰ ৰস্তমৰ ঘৰ নেকি?

বৃদ্ধই সন্মতিসূচক মূৰ দুপিয়াই ক'লে- হয়, পিচে, লাগে কাক?

কামৰাণে এইবাৰো বৃদ্ধৰ প্ৰশ্নৰ উত্তৰ নিদি সেমেনা-সেমেনি কৰি সুধিলে- আপুনি?

ম‍ই ৰস্তমৰ দেউতাক জাল। বৃদ্ধই এইদৰে নিজৰ পৰিচয় দি কামৰাণক উদ্দ্যেশ্য কৰি সুধিলে- পিচে কাক লাগে? মোক, নে ৰুস্তমক ?

 কামৰাণে ক্ষমা খোজাৰ ভংগীত মূৰ দোঁৱাই ক'লে- মই মহাবীৰ ৰুস্তমৰ ওচৰলৈ আহিছোঁ। ম‍ই চামান গাঁৰ বাদচাহ চাহৰিয়াৰৰ দূত। মোৰ নাম কামৰাণ।

ৰস্তম চামান গাঁত বিয়া কৰোৱাৰ কথা জালে জানিছিল। সেয়ে কামৰাণ চামান গাঁৰ বাদচাহৰ দূত হৈ অহাৰ কথা শুনি তেওঁ ব্যস্ত হৈ উঠিল। আথে-বেথে ক'লে তেওঁ- অহয় নেকি? বহাচোন বহা। এইদৰে কৈয়ে তেওঁ কঠ এখন পাৰি দিলে।

কামবাণে সেমেনা-সেমেনি কৰি সুধিলে- পিছে, তেওঁ ঘৰত নাই নেকি?

জালে হুমূনিয়াহ কাঢ়ি কলে- নাই, ঘৰত নাই। ঘৰত থকাৰ সময়ে নাই তাৰ। সি বৰ্তমান তুৰস্ক সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত হৈ আছে।

কিয়, সীমান্তত কিবা যুদ্ধ বিগ্ৰহ চলিছে নেকি? কামৰাণে দুঃশ্চিন্তা প্রকট কৰি সুধিলে।

নাই নাই, যুদ্ধ বিগ্রহ নহয়। সতর্কতাৰ কাৰণেই পহৰা দি আছে। তুৰস্কৰ বাদচাহ আবচাৰিয়াবে সততে শেন চকু মেলি আছে ইৰাণৰ ফালে। জালে এইদৰে কৈয়ে সুধিলে- পিচে, চামান গাঁৰ খা-খবৰ কি? আটায়ে ভালে কুশলে আছেতো?

আছে। কিন্তু মহামান্য কস্তমৰ অনুপস্থিতিত আটায়ে দুঃশ্চিন্তাত কালাতিপাত কৰি আছে। যুদ্ধ শেষ কৰিয়ে উভতি যোৱাৰ কথা আছিল; কিন্তু আজিলৈ প্ৰায় সাতমাহেই পাৰ হ'বৰ হ'ল। তেওঁৰ কোনো খা-খবৰ নাই। গতিকে জাহাপনাই তেওঁক লগত লৈ যাবলৈ মোক পঠিয়াই দিছে। কামৰাণে এইদৰে নিজৰ অহাৰ উদ্দেশ্য ব্যক্ত কৰি সুধিলে- পিছে, তেওঁক লগ কৰিব নোৱাৰিম নেকি?

বাদচাহে অনুমতি দিলে নিশ্চয় পাৰিবা। কিন্তু বাদচাহ যিহে আকোঁৰ-গোঁজ স্বভাৱৰ, অনুমতি দিব বুলি মোৰ বিশ্বাস নহয়। জালে এইদৰে নিজৰ সংশয় ব্যক্ত কৰিলে।

আপুনি ক'লে নিশ্চয় দিব। কামৰাণে দৃঢ় কণ্ঠত ক'লে। আপুনিওতো এটা সময়ত ইৰাণৰ কাৰণে কম কৰা নাই।

সেইবোৰ এতিয়া অতীত হ'ল। এতিয়া ম‍ই পেলনীয়া জাৱৰ। সেয়ে মোৰ দৰে মানুহৰ কথা শুনাৰ ধৈৰ্য হ'ব জানো বাদচাহৰ? জালে এইদৰে মন্তব্য কৰাৰ পাছত ক'লে- বাৰু, তুমি কৈছা যেতিয়া মোৰ ফালৰপৰা কৰিবপৰা খিনি ম‍ই নিশ্চয় কৰিম। কিন্তু আজিতো যোৱা সম্ভৱ নহ'ব। তদুপৰি ইমান দূৰৰপৰা আহিছা, অলপ জিৰাই-শঁতাই লোৱা। কাইলৈ কিবা এটা কৰিম বাৰু। জালে এইদৰে পৰোক্ষ ভাবে সন্মতি জনাই ৰস্তমৰ প্ৰথম পক্ষৰ স্ত্ৰী ফাতিমাক ৰিঙিয়াই মাতিলে- বোৱাৰী, জা-জলপানৰ ব্যৱস্থা কৰা। চামান গাঁৰপৰা মেহমান আহিছে।

ফাতিমা ঘৰৰ ভিতৰত আছিল। শহুৰেকৰ আহ্বানক্রমে তাই ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিল।

কামৰাণে পর্যবেক্ষণৰ দৃষ্টিত ফাতিমাৰ ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰিলে।

বাইছ তেইছ বছৰীয়া এগৰাকী মহিলা। পিন্ধোনত সাধাৰণ মার্জিত সাজ-পাৰ। মুখাৱয়ৱত প্ৰকট হৈ আছে কৰুণ বিষণ্ণ অভিব্যক্তি। ইৰাণৰ মুকুটবিহীন সম্ৰাটৰূপে খ্যাত মহাবীৰ ৰুস্তমৰ ঘৰ আৰু পৰিয়ালৰ অৱস্থা দেখি সেইখন ৰুস্তমৰ ঘৰ বুলি বিশ্বাস কৰিবলৈকে টান পালে কামৰাণে। সেয়ে সি প্রকাশ্যে সুধিয়ে পেলালে- এইখন সঁচাকৈয়ে মহাবীৰ ৰুস্তমৰ ঘৰ, নে আন কোনোবা ৰুস্তমৰ ঘৰ?

জালে সামান্য বিৰক্তি প্ৰকাশ কৰি ক'লে- কিয়, তোমাৰ বিশ্বাস হোৱা নাই নেকি ?

কামবাণে সেমেনা-সেমেনি কৰি ক'লে- নাই মানে... ঘৰ আৰু আপোনালোকৰ কৰুণ দৈন্যতা দেখি এইখন মহাবীৰ কস্তমৰ ঘৰ বুলি ম‍ই বিশ্বাস কৰিবলৈকে টান পাইছোঁ। আপোনালোকক বাৰু এনেকৈ দৈন্যতাৰ মাজত ৰখাৰ কাৰণ কি?

জালে হুমুনিয়াহ কাঢ়ি ক'লে- এয়া আমাৰ আত্মত্যাগ আৰু প্রভুভক্তিৰ পুৰস্কাৰ। আমি তিনি পুৰুষ ধৰি ইৰাণক বহিঃশত্ৰুৰ আক্ৰমণৰপৰা ৰক্ষা কৰাৰ দায়িত্বত নিয়োজিত হৈ আছোঁ। আমি কেতিয়াও নিজৰ সুখ-দুখৰ কথা ভবা নাই- ভাবিছোঁ দেশৰ সুখ-দুখৰ কথাহে। সেই আত্মত্যাগৰ পুৰস্কাৰ হিচাপে আমি সদায় বাদচাহৰপৰা অৱহেলাহে পাই আহিছোঁ। তথাপিও অৱশ্যে আমাৰ কোনো আক্ষেপ নাই। বাদচাহৰপৰা পাবলগাখিনি নাপালেও দেশৰ জনসাধৰণৰপৰা পাবলগাখিনি আমি ঠিকেই পাইছোঁ। বাদচাহৰ জয়ধ্বনিৰ লগতে জনসাধাৰণে যেতিয়া আমাৰো জয়ধ্বনি দিয়ে তেতিয়া আমি গর্ব, আনন্দত আত্মহাৰা হৈ পৰোঁ। তেতিয়া আমি পাহৰি যাওঁ আমাক অৱহেলিত বঞ্চিত কৰি ৰখাৰ কথা। ৰস্তমৰ প্রভুভক্তি মোতকৈও এখোপ চৰা। বাদচাহৰপৰা সি কেতিয়াও কোনো বস্তু খুজি নলয়। নিজৰ প্ৰয়োজনৰ কথাও সি কোনোদিন বাদচাহৰ আগত প্ৰকাশ নকৰে। ইফালে বাদচাহৰো আমাৰ সুখ-দুখৰ কথা ভবাৰ আহৰি নাই। তেওঁ সদায় বাঈজী নচুৱাই আমোদ-প্রমোদত মচগুল হৈ থাকে। এইদৰে মনৰ ক্ষোভ বেদনা উজাৰি ক্ষন্তেক ৰৈ প্ৰসংগ সলনি কৰি ক'লে- সেইবোৰ এতিয়া থাওঁক বাৰু। দুই এদিন থাকিলে তুমি নিজেই সেইবোৰ উপলব্ধি কৰিব পাৰিবা।

ফাতিমাই কামৰাণক উদ্দেশ্য কৰি ক'লে- আপোনাৰ কাপোৰ-কানি একেবাৰে ধূলি ধূসৰিত হৈ পৰিছে। আপুনি গা-পা ধুই আহকগৈ। মই আপোনাৰ কাৰণে জা-জলপানৰ ব্যৱস্থা কৰি আছো। ফাতিমাই এইদৰে কৈয়ে ৰিঙিয়াই মাতিলে- খোজা, 'ই খোজা, এইফালে অকণমান আহিবিচোন।

ফাতিমাৰ মাতত সঁহাৰি দি বেলেগ এটা ঘৰৰপৰা চকু-মুখ মোহাৰি পোন্ধৰ-ষোল্ল বছৰীয়া ল'ৰা এজন ওলাই আহিল।

'ৰাজনৰ নাম খোজা। ৰুস্তমৰ লগুৱা। সি বাৰাণ্ডালৈকে আগবাঢ়ি আহি টোপনি জড়িত কণ্ঠত সুধিলে- মোক মাতিছিল নেকি, বাইদেউ?

' মাতিছিলোঁ। ফাতিমাই বিৰক্তি প্ৰকাশ কৰি ক'লে- শুই আছিলি নেকি? তোক কিমানবাৰ দিনৰ ভাগত শোৱাৰ অভ্যাস ত্যাগ কৰিবলৈ কলো; কিন্তু নাই, সেইফালে তোৰ ভ্ৰূক্ষেপেই নাই। দিনৰ ভাগত শোৱাটো বেয়া। যা, চামান গাঁৰ পৰা মেহমান আহিছে। তেওঁৰ গা-পা ধোৱাৰ কাৰণে পানী যতনাই দেগৈ যা।

যন্ত্ৰণা! ক'ত যন্ত্ৰণা হৈছে? পেটত নে মূৰত? কবিৰাজ মাতিব লাগিব নেকি? খোজাই ব্যস্ত ভাবে সুধিলে।

যন্ত্ৰণা নহয়, পানী যতনাই দিয়াৰ কথা কৈছোঁ। কুঁৱাৰপৰা পানী তুলি যতনাই দেগৈ যা। ফাতিমাই বিৰক্তিভৰা কণ্ঠত আগতকৈ উচ্চকণ্ঠত ক'লে।

কি ক'লে? কুঁৱাত পৰি মৰিম! এইবাৰ খোজাই খণ্ডেৰে সৈতে ক'লে- ম‍ই মৰিম কিয়? আপোনালোক মৰকগৈ

এইবাৰ জাল বিৰক্ত হৈ উঠিল। তেওঁ খোজাৰ কাণৰ গুৰিলৈ মুখ নি উচ্চকণ্ঠত কলে- কলা ক'ৰবাৰ! তোক কুঁৱাত পৰি মৰিবলৈ কোৱা নাই। এইদৰে কৈয়ে তেওঁ কামৰাণলৈ আঙুলিয়াই ক'লে- এওঁ চামান গাঁৰ পৰা আহিছে। মেহমান। কুঁৱাৰপৰা পানী তুলি এওঁৰ গা-পা ধোৱাৰ ব্যৱস্থা কৰগৈ।

এইবাৰ খোজাই কথাটো বুজিব পাৰি ক'লে- অ' হয় নেকি? বাৰু, মই এতিয়াই ব্যৱস্থা কৰি আছোঁ। এইদৰে সন্মতি জনাই খোজাই কামৰাণলৈ উদ্দেশ্য কৰি ক'লে- আপুনি কাপোৰ-কানি সলাই কুঁৱাৰ পাৰলৈ আহক। ম‍ই আপোনাৰ কাৰণে পানীৰ ব্যৱস্থা কৰি আছোঁ। এইদৰে কৈয়ে খোজা কুঁৱাৰ পাৰলৈ বুলি ওলাই গ'ল।

খোজা ওলাই যোৱাৰ পাছত জালে খোজাৰ অপমান দেহৰ ফালে চাই কামৰাণক উদ্দেশ্য কৰি ক'লে- ল'ৰাজন কলা। কেও কিছু নোহোৱা। ঘাট-মাউৰা। সৰুৰে পৰা আমাৰ লগত আছে। বিশ্বাসীও। ক'লা কাৰণে কিছু অসুবিধা হয় যদিও সেয়া এতিয়া আমাৰ অভ্যাসত পৰিণত হৈ গৈছে। সি কিবা টানকৈ ক'লেও তুমি বেয়া নাপাবা।

কামৰাণে ক'লে- নাই নাই, নাপাও। ক'লা মানুহকলৈ কিছু সমস্যা হয়েই। তাৰ কাৰণে বেয়া পোৱাৰ কি আছে?

বাৰু, আপুনি যাওঁক, কাপোৰ-কানি সলাই গা-পা ধুই আহক। ম‍ই আপোনাৰ কাৰণে জা-জলপানৰ ব্যৱস্থা কৰি আছো। এইদৰে কৈ ফাতিমা ঘৰৰ ভিতৰলৈ সোমাই গ'ল।

ফাতিমা ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত জালে কামৰাণক উদ্দেশ্য কৰি ক'লে- যোৱা, গা-পা ধুই জা-জলপান গ্রহণ কৰি বিশ্ৰাম লোৱাগৈ। অহাকালি ৰাতিপুৱা দৰবাৰৰ সময়ত আমি ৰাজপ্রাসাদলৈ যামহি।

সিদ্ধান্ত মৰ্মেই পাছদিনা ৰাতিপুৱা কামৰাণক লগত লৈ জাল ৰাজপ্রাসাদলৈ আহিল।

সভাসদসকল দৰবাৰ কক্ষত নিজৰ নিজৰ নিৰ্দিষ্ট আসনত বহি কায়কাউচৰ আগমন অপেক্ষাত ৰৈ আছিল। দৰবাৰ কক্ষত প্ৰৱেশ কৰি জাল এচুকত খালী পৰি থকা আসন এখনত বহি কামৰাণকো তেওঁৰ ওচৰতে খালী পৰি থকা আন এখন আসনত বহিবলৈ ইংগিত কৰিলে। কামৰাণ সভাসদসকলৰ ফালে কৌতুহলী দৃষ্টি বুলাই জালৰ ইংগিত মতেই আসনখনত বহি আটাইৰে লগত বাদচাহৰ আগমনলৈ অপেক্ষা কৰিবলৈ ধৰিলে।

এটা সময়ত অপেক্ষাৰ অন্ত পৰিল। নহবত বাজি উঠিল। নহবতৰ শব্দৰ মাজত কায়কাউচ আহি দৰবাৰ কক্ষত প্ৰবেশ কৰিলে। আটায়ে থিয় হৈ মূৰ দোঁৱাই অভিবাদন জনালে।

সিংহাসনত আসন গ্রহণ কৰিয়ে কায়কাউচে সভাসদসকলৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। জালৰ ওপৰত তেওঁৰ দৃষ্টি নিৱদ্ধ হ'ল। অৱসৰ লোৱাৰ পাছত কেতিয়াবা কাচিৎহে জাল বিশেষ প্ৰয়োজনত দৰবাৰলৈ আহে। সেয়ে জালক দেখি তেওঁ সসন্মানে সুধিলে- মহামহিম জাল, আপুনি? আপুনি কি সকামত?

জালে থিয় হৈ সসম্ভ্রমে অভিবাদন কৰি ক'লে- জাহাপনা, আপুনি জানেই চাগে চামান গাঁত কস্তমৰ আন এজনী বিবি আছে। তাই বৰ্তমান সন্তান সম্ভৱা। ইফালে ৰুস্তম ইৰাণলৈ অহা প্ৰায় সাত মাহেই পাৰ হ'বৰ হ'ল। ৰুস্তম এই সাত মাহত এবাৰৰ কাৰণেও চামান গাঁলৈ যোৱা নাই । গতিকে চামান গাঁৰ বাদচাহে ৰস্তমক মাতি নিবলৈ দূত পঠিয়াইছে। এইদৰে কৈয়ে জালে কামৰাণলৈ আঙুলিয়াই ক'লে- এৱেঁই সেইজন দূত, জাহাপনা।

চামান গাঁত ৰস্তমৰ আন এজনী স্ত্রী থকাৰ কথা কায়কাউচ জানে। ৰস্তম এবাৰ চামান গাঁলৈ গ'লে সতকাই ইৰাণলৈ উভতি নাহে বুলিও তেওঁ জানে। কাৰণ আগৰ বাৰ ৰস্তম চামান গাঁলৈ যাওঁতে বাৰে বাৰে তলব কৰাৰ পাছতো অহা নাছিল। তেতিয়াৰ পৰাই কায়কাউচ ৰস্তমৰ প্ৰতি ৰুষ্ট হৈ আছে। সেয়ে ৰুস্তম যাতে পুনৰ চামান গাঁলৈ যাব নোৱাৰে তাৰ বাবে তেওঁ ইচ্ছাকৃত ভাবে ৰুস্তমক সীমান্তৰ পহৰাৰ দায়িত্বত নিয়োজিত কৰি ৰাখিছে। গতিকে তেওঁ একে আষাৰতে জালৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি ক'লে- নাই নাই, ৰুস্তম ইৰাণ এৰি চামান গাঁলৈ যোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। প্রয়োজন হ'লে তাৰ বিবিকেই ইৰাণলৈ অনাৰ ব্যৱস্থা কৰকগৈ

কামৰাণে সেমেনা-সেমেনি কৰি ক'লে- জাহাপনা, বাদচাহৰ কোনো ল'ৰা সন্তান নাই। চাহজাদীয়েই তেওঁৰ একমাত্ৰ সন্তান ও উত্তৰাধিকাৰী । ইফালে জাহাপনাও বৃদ্ধ। কোন মুহূৰ্তত কি হয় একো ঠিক নাই। গতিকে এনেকুৱা পৰিস্থিতিত চাহজাদী চামান গাঁ এৰি অহাটো কোনোপধ্যেই সম্ভৱ নহয়, জাহাপনা। বাদচাহই কথাটো সমর্থনো নকৰিব।

কায়কাউচে যুক্তি দর্শালে- বিয়া হৈ যোৱাৰ পাছত স্বামীৰ সংসাৰলৈ অহাটো নাৰীৰ বাবে বাধ্যতামূলক। সেয়া চাহজাদীয়ে হওঁক বা আন কোনোবাই হওঁক। সংসাৰ ধৰ্ম পালন কৰিব খুজিলে চাহজাদী ইৰাণলৈ আহিবই লাগিব। বৰ্তমান ৰুস্তম চামান গাঁলৈ যোৱাটো কোনোপধ্যেই সম্ভৱ নহয়।

জালে মৃদু আপত্তি জনাই ক'লে- জাহাপনা, আপোনাৰ যুক্তি অৱশ্যেই ঠিক; কিন্তু এই ক্ষেত্ৰত বিষয়টো অকণমান সহানুভূতিৰে বিবেচনা কৰিব নোৱাৰে নেকি?

কায়কাউচ নিজৰ মতত অচল-অটল হৈ ক'লে- মোৰ ক'বলগা খিনি ম‍ই কৈ শেষ কৰিছোঁ। এতিয়া এই বিষয়লৈ মোক বিৰক্ত নকৰিলেই ভাল পাম।

কামৰাণে সাহস সঞ্চয় কৰি ক'লে- জাহাপনা, ম‍ই মহামহিম ৰস্তমৰ লগত সাক্ষাৎ কৰাৰ বাবে অনুমতি বিচাৰোঁ।

কায়কাউচে কামৰাণৰ প্ৰস্তাৱ নাকচ কৰি ক'লে- সম্ভৱ নহয়। কাৰণ সীমান্তত বৰ্তমান অস্থিৰ অৱস্থা বিৰাজ কৰি আছে। গতিকে বর্তমান কোনো বিদেশীৰ লগত ৰস্তমৰ সাক্ষাতৰ অনুমতি নাই। এইদৰে কৈয়ে কায়কাউচে জালক উদ্দেশ্য কৰি ক'লে- মহামহিম জাল, আপুনি বেয়া নাপাব। যাওঁক, বোৱাৰীয়েকক ইৰাণলৈ অনাৰ ব্যৱস্থা কৰকগৈ। যাতায়তৰ সকলো খৰচ ৰাজকোষৰপৰা বহন কৰা হ'ব৷

জালে কোনো ধৰণৰ মন্তব্য নকৰিলে। কাৰণ তেওঁ জানে যে, বাদচাহে এবাৰ কোনো সিদ্ধান্ত ল'লে কোনো পৰিস্থিতিতে সেই সিদ্ধান্ত সলনি নকৰে। গতিকে জাল কোনো ধৰণৰ আপত্তি নকৰাকৈ কামৰাণকলৈ দৰবাৰ কক্ষৰপৰা ওলাই আহিল।

পাছদিনা কামৰাণ ৰুস্তমৰ লগত সাক্ষাৎ কৰিবলৈ তুৰস্ক সীমান্তলৈ আহিল। কিন্তু সি ৰস্তমৰ লগত সাক্ষাৎ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিও বিফল হ'ল। কাৰণ ইতিমধ্যে কায়কাউচৰ সিদ্ধান্তৰ কথা সীমান্তত প্ৰচাৰ হৈ গৈছিল। গতিকে কোনেও কামৰাণক ৰুস্তমৰ লগত সাক্ষাৎ কৰাৰ বাবে অনুমতি নিদিলে। শেষত বিফল মনোৰ্থ হৈ সি চামান গাঁ অভিমুখে ঘোঁৰা চেঁকুৰালে। ইৰাণৰপৰা উভতি আহি কামৰণে বাদচাহ চাহৰিয়াৰক সকলো কথা ভাঙি-পাতি বুজাকলে।

কামৰাণৰ মুখত কথাবোৰ শুনি বাদচাহৰ চকু-মুখত গভীৰ উৎকণ্ঠা ও উদ্বেগ কাতৰতা ফুটি উঠিল। আচ্ছন্নৰ দৰে তেওঁ স্বাগতোক্তি কৰিলে- অ' কথা তেনেহ'লে ইমান দূৰ আগবাঢ়িছে! নাই নাই, ই অসম্ভৱ। চাহজাদী কেতিয়াও ইৰাণলৈ যোৱা সম্ভৱ নহয়। এইদৰে স্বাগতোক্তি কৰিয়ে তেওঁ কামৰাণক উদ্দেশ্য কৰি ক'লে- বাৰু, তুমি যোৱা, বিশ্ৰাম কৰাগৈ।

চাহৰিয়াৰৰপৰা অনুমতি পাই কামৰাণ কক্ষৰপৰা ওলাই গ'ল।

কামৰাণ ওলাই যোৱাৰ পাছত তাহমিনাৰ দুৰ্ভাগ্যৰ কথা ভাবি চাহৰিয়াৰ অস্থিৰ হৈ উঠিল। তেওঁ অস্থিৰ ভাবে কক্ষৰ ভিতৰত বিচৰণ কৰিবলৈ ধৰিলে। এনেতে পৰিচাৰিকা এজনী কক্ষৰ ভিৰতলৈ সোমাই আহি অভিবাদন কৰি উচ্ছ্বসিত কণ্ঠত কলে- জাহাপনা, সুখবৰ। চাহজাদীয়ে এটি ল'ৰা সন্তান জন্ম দিছে।

চাহৰিয়াৰ আনন্দোজ্জ্বল দৃষ্টিৰে পৰিচাৰিকাজনীলৈ চাই ব্যগ্র ভাবে সুধিলে- কি ক'লা, তাহমিনাই ল'ৰা সন্তান জন্ম দিছে? মোৰ নাতি হৈছে?

পৰিচাৰিকাই পুনৰ অভিবাদন কৰি ক'লে- হয় জাহাপনা, সন্তানটি দেখিবলৈকো বৰ ধুনীয়া হৈছে।

চাহৰিয়াৰৰ মুখমণ্ডল আনন্দত উদ্ভাসিত হৈ উঠিল। ন্যূব্জ দেহত উষ্ম তেজৰ ধাৰা বৈ গ'ল। আনন্দত তেওঁৰ দেহ-মন আপ্লুত হৈ উঠিল। ডিঙিৰপৰা মুকুতাৰ হাৰ এডাল খুলি পৰিচাৰিকালৈ বুলি দলিয়াই দি ক'লে- লোৱা, তোমাৰ পুৰস্কাৰ।

পৰিচাৰিকাই হাৰডাল হাততলৈ অভিবাদন কৰি দ্ৰুত কক্ষৰপৰা ওলাই গ'ল।

চাহৰিয়াৰে নিজেও কক্ষৰপৰা ওলাই দৰবাৰৰ ফালে দ্রুত খোজ ল'লে। দৰবাৰলৈ আহিয়ে তেওঁ পাত্র-মিত্ৰসকললৈ উদ্দেশ্য কৰি ঘোষণা কৰিলে- ৰাজকোষৰ দুৱাৰ খুলি দিয়ক। মুক্ত হস্তে দান-দক্ষিণা কৰক। ৰাজপ্রাসাদলৈ আহি যাতে কোনেও ৰিক্ত হাতে উভতি যাবলগীয়া নহয় সোনকালে তাৰ ব্যৱস্থা কৰক।

বাদচাহৰ আদেশ পাই খাজাঞ্চিয়ে ৰাজকোষৰ দুৱাৰ খুলি দিলে। কিছু সময়ৰ ভিতৰতে কথাটো ৰাষ্ট্ৰময় প্ৰচাৰ হৈ গ'ল। দান-দক্ষিণাৰ বাতৰি পাই ৰাজপ্রাসাদলৈ লানি নিছিগা জনতাৰ সোঁত ববলৈ ধৰিলে আৰু চাহৰিয়াৰ নিজ হাতে দান-দক্ষিণা কৰিবলৈ ধৰিলে আৰু দান-দক্ষিণা পাই সকলোৱে অকৃপণভাবে নৱজাতকক আশীৰ্বাদ দিবলৈ ধৰিলে। ফলত ৰাজ্যব্যাপী এক আনন্দ মুখৰ পৰিৱেশ সৃষ্টি হ'ল। তাহমিনাইও নৱজাতকৰ মুখ দৰ্শন কৰি সকলো বিষাদ-বেদনা পাহৰি গ'ল। কিন্তু আনন্দৰ মাজতো তাইৰ হৃদয়ত বিষাদৰ ঢৌৱে খুন্দিয়াবলৈ ধৰিলে। এই আনন্দৰ দিনত ৰস্তম ওচৰত থাকিলে তেওঁ যে কিমান সুখী হ'লহেঁতেন ! তাই নিজেও আনন্দিত হ'ব পাৰিলেহেঁতেন। এইবোৰ কথা ভাবি তাই আনন্দ মজতো বিষাদৰ স্পৰ্শ অনুভৱ কৰিবলৈ ধৰিলে

             *        *        *

 

 

 

 

                                        (দহ)

চাওঁতে চাওঁতে এমাহ পাৰ হ'ল। চাহৰিয়াৰে নৱজাতকৰ নামকৰণ উপলক্ষ্যে এটি ভোজৰ আয়োজন কৰিলে। পাত্র-মিত্ৰ, দেশৰ গণ্য- মান্যলোক সমন্বিতে সাধাৰণ প্ৰজাকো চাহৰিয়াৰে উক্ত ভোজলৈ আমন্ত্ৰণ কৰি আনিলে। নানা উপাদেয় খাদ্যসম্ভাৰেৰে নিমন্ত্ৰিত অতিথিসকলক ভূৰি ভোজন কৰোৱাৰ পাছত প্ৰত্যেকৰ হাতত এটিকৈ সোণৰ মোহৰ তুলি দিয়া হ'ল। বাদচাহৰ বদান্যতা আৰু নৱ জাতকৰ প্ৰশংসাত আটায়ে পঞ্চমুখ হৈ উঠিল। সেই ভোজ সভাতে মৌলানা সকলে গুণা-গঁথা কৰি নৱজাতকৰ নাম ৰাখিলে চোহৰাব। নামকৰণ হোৱাৰ পাছত নিমন্ত্রিত অতিথিসকল ঘৰা-ঘৰি গুচি গ'ল।

বাদচাহ চাহৰিয়াৰো ভাগৰ পলুৱাবলৈ বুলি নিজৰ কক্ষলৈ আহিল। তেনেতে তাহমিনাই চোহৰাবক কোলাত লৈ কক্ষৰ ভিতৰত প্ৰবেশ কৰিলে। তাই বাদচাহৰ ভৰি চুই প্ৰণাম কৰি চোহৰাবক বাদচাহৰ কোলাত দিলে। বাদচাহে চোহৰাবক কোলাত লৈ হিয়া উবুৰিয়াই আশীৰ্বাদ দিলে- দীর্ঘজীৱি হোৱা। মোৰ চুলিৰ সমান আয়ুৰ অধিকাৰী হৈ সুখে-সন্তোষে ৰাজপাট ভোগ কৰা। ইত্যাদি ইত্যাদি....

দেউতাকে চোহৰাবৰ প্ৰতি দেখুৱা আপত্য স্নেহত তাহমিনা আনন্দত আপ্লুত হৈ উঠিল। তাইৰ দুচকুৰপৰা আনন্দাশ্রু ওলাই চকুযোৰ চলচলীয়া হৈ উঠিল। এনেতে হঠাৎ তাইৰ ৰস্তমৰ কথা মনত পৰি গ'ল। ৰুস্তমৰ কথা মনত পৰাৰ লগে লগে এক বিষাদ বেদনাই তাইৰ দেহ- মন আচ্ছন্ন কৰি তুলিলেৰস্তমৰ সান্নিধ্য পাবলৈ তাই ব্যাকুল হৈ উঠিল। চোহৰাবৰ জন্মৰ বাতৰি পালে ৰুস্তম নিশ্চয় নৱজাতকৰ মুখদৰ্শনৰ বাবে ল'ৰি আহিব বুলি তাইৰ মনত এটি ধাৰণা বদ্ধমূল হ'ল ।

সেয়ে তাহমিনাই সেমেনা-সেমেনি কৰি ক'লে- আব্বাজান, চোহৰাব জন্ম হোৱা এমাহ পূৰ হ'ল। এতিয়ালৈকে ইৰাণলৈ কোনো খবৰে পঠিওৱা হোৱা নাই। গতিকে ইৰাণলৈ খবৰ পঠিওৱাৰ ব্যৱস্থা কৰিলে কেনে হয়?

কথাটো অৱশ্যে চাহৰিয়াৰেও নভবা নহয়। চোহৰাবৰ জন্মৰ পাছৰপৰাই তেওঁ কথাটো ভাবি আছে। কিন্তু এটি শংকাই তেওঁক খবৰ পঠিয়াবলৈ বাধা দি আছে। চোহৰাবৰ জন্মৰ পাছৰপৰা তেওঁ এটি সপোন দেখি আছে। তেওঁৰ মৃত্যুৰ পাছত সিংহাসনৰ কোনো যোগ্য উত্তৰাধিকাৰী নাই। গতিকে চোহৰাব অলপ বুজিবপৰা হ'লেই তেওঁ চোহৰাবৰ হাতত শাসনভাৰ গতাই মক্কালৈ যোৱাৰ কথা ভাবি আছে। কিন্তু চোহৰাবৰ জন্মৰ বাতৰি ইৰাণলৈ পঠালে জানো তেওঁৰ সেই সপোন সফল হব! কাৰণ চোহৰাবৰ জন্মৰ বাতৰি পালেই ৰুস্তমৰ হৃদয় পুত্ৰ স্নেহত উথলি উঠিব আৰু মানুহ পঠাই চোহৰাবক নিজৰ লগত ৰাখিবলৈ ইৰাণলৈ যাব। চোহৰাবক ইৰাণলৈ লৈ গ'লে তেওঁৰ সপোন, সপোন হৈয়ে থাকিব আৰু চামান গাঁৰ ৰাজপ্রাসাদলৈ সীমাহীন শূন্যতা নামি আহিব। তাহমিনাৰ বুকু শূন্য হৈ পৰিব। এইবোৰ কথা ভাবি সময়ে সময়ে চাহৰিয়াৰ সপোনতো অস্থিৰ হৈ উঠে। গতিকে তেওঁ জানি-বুজিয়ে চোহৰাবৰ জন্মৰ বাতৰি নপঠিওৱাকৈ আছে।

সেয়ে তাহমিনাৰ প্ৰস্তাৱত চাহৰিয়াৰৰ মুখমণ্ডল কেঁহৰাজৰ দৰে ক'লা পৰি গ'ল। এক অনামী বেদনাই তেওঁৰ দেহ-মন আচ্ছন্ন কৰি পেলালে। তেওঁ ব্যাথাতুৰ কণ্ঠত ক'লে- কথাটো অৱশ্যে ময়ো নভবা নহয়; কিন্তু এষাৰ কথা ভাবি ম‍ই খবৰ পঠিওৱা নাই। কাৰণ খবৰ পালেই যদি ৰস্তমে চোৰাবক ইৰাণলৈ লৈ যায় তেনেহ'লে ম‍ই ইমান দিনে মনত পুহি ৰখা সকলো আশা-আকাংক্ষা ব্যৰ্থ হৈ যাব। ৰুস্তম যিহে গোৱাৰ মানুহ! খবৰ পালেই তহঁতক ইৰাণলৈ লৈ যাবহি। তেতিয়া মোৰ কি অৱস্থা হ'? কল্পনাতো মই সেই দৃশ্য মনৰ মাজত ঠাই দিবলৈ শংকিত হৈ উঠো।

তাহমিনাই ভাবিলে, দেউতাকৰ আশংকা অমূলক নহয়। খবৰ পালে কস্তমে চোহৰাবক কেতিয়াও চামান গাঁত থাকিবলৈ নিদিয়ে। নিজৰ যোগ্য উত্তৰাধিকাৰী হিচাপে গঢ়ি তুলিবলৈ তেওঁ চোহৰাবক ইৰাণলৈ লৈ যোৱাটো নিশ্চিত।

কিন্তু সেই বুলি জানো তাই চিৰদিন চোহৰাবক বুকুৰ মাজত লুকুৱাই ৰাখিব পাৰিব! তাই নিজে ইৰাণলৈ নগ'লেও বয়স হ'লে চোহৰাব নিজেই হয়তো এদিন তেজৰ উৎস বিচাৰি ইৰাণ গৈ পাবহি। গতিকে যাৰ সন্তান তেওঁৰ ওচৰলৈ খবৰ নপঠিওৱাটো জানো গুৰুতৰ অন্যায় নহ'?

তাহমিনাই এইবোৰ কথা মনতে ভাবি দেউতাকৰ যুক্তি খণ্ডন কৰিবলৈ ক'লে- আপোনাৰ আশংকা অৱশ্যে অমূলক নহয়। কিন্তু সেই বুলি যাৰ সন্তান তেওঁলৈ খবৰ নপঠিওৱাটো জানো অন্যায় নহ'? চিৰদিন জানো ম‍ই চোহৰাবক বুকুৰ মাজত আঁকোৱালি ৰাখিব পাৰিম?

চাহৰিয়াৰে অবাক বিস্ময়ত তাহমিনাৰ ফালে চালে। তাহমিনাৰ সিদ্ধান্তত তেওঁৰ মনত উৎকণ্ঠা সংশয় জাগি উঠিল। চোৰাবক হেৰুৱাৰ সংশয়। গতিকে তেওঁ তাহমিনাৰ সিদ্ধান্ত সলনি কৰিবলৈ যুক্তি দাঙি ধৰিলে- এইখিনি অন্যায় ম‍ই তোমাৰ সন্তানৰ মংগলৰ কাৰণে কৰিবলৈ প্ৰস্তুত আছোঁ। মইনো আৰু কিমান দিন জীয়াই থাকিম? মোৰ মৃত্যুৰ পাছত ৰাজপাট কোনে ভোগ কৰিব? কেঁচুৱা অৱস্থাত তোমাৰ মাৰা ঢুকাইছে। মাৰাৰ মৃত্যুৰ পাছত তোমাৰ মুখলৈ চায়ে ম‍ই জীয়াই আছোঁ। এতিয়া মোৰ যথেষ্ট বয়স হৈছে। এই বয়সত ম‍ই তোমাৰ অকণমান দুখো সহ্য কৰিব নোৱাৰিম। দুখ সহ্য কৰাৰ ক্ষমতাও মোৰ নাই। তদুপৰি ম‍ই জীয়াই থাকোঁতে তোমাৰ কষ্ট হ'লে মাৰাই বেহেস্তৰপৰা মোক অভিশাপ দিব। তোমাৰ মাৰাৰ কথা চিন্তা কৰি হ'লেও তুমি তোমাৰ সিদ্ধান্ত সলনি কৰিব লাগিব।

কথাবোৰ কওঁতে চাহৰিয়াৰৰ চকুযুৰি চলচলীয়া হৈ উঠিল। হাতৰ পিঠিৰে চকু পানী মচি তেওঁ পুনৰ মোক্ষম যুক্তি দাঙি ধৰিলে- কস্তমে তোমাক অন্তঃসত্ত্বা থৈ গৈছিল। গতিকে সিয়েহে তোমাৰ খবৰ ল'ব লাগিছিল। সি যদি তোমাৰ খবৰ নোলোৱাকৈ থাকিব পাৰিছে তুমিনো নোৱাৰিবা কিয়?

চাহৰিয়াৰৰ শেষৰ কথাফাকিত তাহমিনাৰ অন্তৰত অভিমান সঞ্চাৰ হ'ল। দেউতাকে কোৱা কথা মিছা নহয়। পিতৃ হিচাপে আচলতে কস্তমে চোহৰাবৰ খবৰ ল'ব লাগিছিল। এয়া ৰস্তমৰ দায়িত্ব আছিল। চোহৰাব জন্মৰ এমাহেই পূৰ হ'ল। এই এমাহে তেওঁ এবাৰো তাইৰ খবৰ লোৱা নাই। কথাবোৰ ভাবোঁতেই তাইৰ হৃদয়ত অভিমান সঞ্চাৰিত হ'ল। তাই মনে মনে সিদ্ধান্ত ল'লে, ৰস্তম যিমান দিনলৈকে নিজৰ সন্তানৰ খবৰ নলয় সিমান দিনলৈকে তাই উপযাচি ৰস্তমলৈ কেতিয়াও খবৰ নপঠিয়ায়।

তাহমিনাই এইদৰে সিদ্ধান্ত লৈ দেউতাকক উদ্দেশ্য কৰি দৃঢ়কণ্ঠত ক'লে- বাৰু, খবৰ পঠিয়াব নালাগে। তেওঁ নিজে আহি চোহৰাবৰ খবৰ নলয় মানে চোহৰাবৰ জন্মৰ বাতৰি অজ্ঞাতেই থাকক তেওঁৰ ওচৰত।

তাহমিনাৰ দৃঢ় কণ্ঠস্বৰত চাহৰিয়াৰৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। তেওঁ তাহমিনাক সমৰ্থন কৰি ক'লে- তুমি ঠিকেই কৈছা। কস্তম নিজে আহি চোহৰাবৰ খবৰ নোলোৱালৈকে আমি তালৈ খবৰ নপঠিয়াও। সি পাহৰি থাকিব পাৰিলে আমিও পাৰিম। চোহাবৰ ভবিষ্যতৰ কথা ভাবিয়ে আমি বুকু ডাঠ কৰিব লাগিব। আগতে জীয়াই থকাৰ কাৰণে আমাৰ কোনো অৱলম্বন নাছিল। এতিয়া চোহৰাবেই আমাৰ জীয়াই থকাৰ অৱলম্বন। চোহৰাবক ম‍ই তাৰ দেউতাকতকৈও বিখ্যাত যোদ্ধা হিচাপে গঢ়ি তুলিম। চাহৰিয়াৰে এইদৰে কৈ শিশু চোহৰাবক দুহাতেৰে ওপৰলৈ দাঙি চোহৰাবৰ চকুত চকু থৈ কলে- মোৰ কলিজা, মোৰ দিল, কোনেও তোমাক আমাৰ বুকুৰপৰা কাঢ়ি নিব নোৱাৰে।

চাহৰিয়াৰে এইদৰে আশীৰ্বাদ দি চোহৰাবক তললৈ নমাই আনি কপালত চুমা খালে। চোহৰাব কোমল হাতেৰে ককাকৰ দাঢ়িত ধৰি আঁজুৰিবলৈ ধৰিলে।

চোহৰাবৰ আচৰণত তাহমিনা আনন্দত আত্মহাৰা হৈ উঠিল। চোহৰাবক দেউতাকৰ কোলাৰপৰা নিজৰ কোলালৈ আনি তাই চোহৰাবৰ মুখমণ্ডল চুমাৰে উপচাই পেলালে। তাহমিনাৰ আপত্য স্নেহলৈ চাই বিধাতা পুৰুষে অলক্ষ্যে হাঁহিলে। চাহৰিয়াৰ বা তাহমিনা কোনেও সেই দৃশ্য প্রত্যক্ষ নকৰিলে।

*        *        *

 

 

 

 

 

                                       (এঘাৰ)

দিন মাহ বছৰ বাগৰি সুদীৰ্ঘ বাইছ বছৰ কালৰ বুকুত বিলীন হৈ গ'ল। বাইছ বছৰ পাছত ৰুস্তমৰ তাহমিনালৈ মনত পৰিল। মনত পেলাই দিলে তেওঁৰ প্ৰথম পক্ষৰ স্ত্ৰী ফাতিমাই।

সিদিনা ৰুস্তম ঘৰতে আছিল। মনটোও ফৰকাল হৈ আছিল। সেয়ে তেওঁ ইটো-সিটো ঘৰুৱা প্ৰসংগলৈ ফাতিমাৰ লগত আলোচনা কৰি আছিল। কথা প্ৰসংগত ৰুস্তমে ক'লে- বৰ্তমান যুদ্ধ-বিগ্রহ একেবাৰে ভাল নলগা হৈছে। দেহৰ বল, মনৰ উদ্যমো যেন শিথিল হৈ আহি আছে। আগতে যুদ্ধ-বিগ্ৰহৰ কথা শুনিলে মনটো আনন্দত নাচি উঠিছিল। তেজৰ গতি উত্তাল হৈ উঠিছিল। কিন্তু এতিয়া যুদ্ধ-বিগ্ৰহৰ কথা শুনিলে মনটো কোঁচ খাই যায়। দেহ শিথিল হৈ আহিব খোজে। যুদ্ধ-বিগ্ৰহতকৈ তোমাৰ সান্নিধ্যই যেন আজি-কালি মোৰ অধিক ভাল লগা হৈছে। অৱসৰ ল'ব পাৰিলে তোমাৰ সান্নিধ্যতে সময়বোৰ পাৰ কৰিব পাৰিলোহেঁতেন। বৃদ্ধ বয়সত স্ত্ৰীৰ সান্নিধ্যই যেন পুৰুষৰ কাৰণে অধিক নিৰাপদ। কেইদিনমানৰপৰা মোৰ এনেকুৱা উপলব্ধি হৈ আছে।

ৰস্তমৰপৰা কেতিয়াবা এনেকুৱা কথা শুনিবলৈ পাব বুলি ফাতিমাই সপোনতো কল্পনা নাছিল। কথাবোৰ যে মাথোন মুখৰ কথা নহয়, অন্তৰৰ কথাও, ৰস্তমৰ উদাস ভাবলেশহীন মুখলৈ চাই ফাতিমাই সেয়াও উপলব্ধি কৰিব পাৰিলে৷ সেয়ে তাই কস্তমক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- অৱসৰ ল'বলৈনো আপোনাক কোনে মানা কৰিছে? অৱসৰ লৈ লওঁক।

কিন্তু মোৰ অবৰ্তমানত দেশ ৰক্ষাৰ দায়িত্ব কোনে ল'? খুৰমে ল'ব পাৰিলেহেঁতেন; কিন্তু বোপা-ককাৰ বৃত্তি এৰি সি গ'ল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। সি শাস্ত্ৰ অধ্যয়ন কৰিবলৈ নগৈ বোপা-ককাৰ বৃত্তিত ধৰিলে কথাই নাছিল। তাৰ হাততে দেশ ৰক্ষাৰ দায়িত্বভাৰ গতাই ম‍ই নিশ্চিন্ত মনে অৱসৰ গ্ৰহণ কৰিব পাৰিলোহেঁতেন !

ফাতিমাই তাহমিনাৰ কথা জানে। তাহমিনা অন্তঃসত্ত্বা থকাৰ কথাও জানিছিল তাই। সেয়ে তাই ক'লে- আপুনি তাহমিনা অন্তঃসত্ত্বা থকাৰ কথা কৈছিল দেখোন। চামান গাঁলৈ গৈ আপুনি তাহমিনাৰ খবৰ এটা কৰি নাহে কিয়? তাইৰ গৰ্ভত ল'ৰা সন্তান হ'লে সি এতিয়া চফল ডেকাটো হৈ উঠিছে। যদি ল'ৰাসন্তান হৈ থাকে তেনেহ'লে তাৰ হাততে দায়িত্বভাৰ গতাই আপুনি অৱসৰ ল'ব পাৰে দেখোন।

চামান গাঁৰপৰা গুচি অহাৰ পাছত যুদ্ধ-বিগ্ৰহ লৈ ব্যস্ত হৈ থকাৰ কাৰণে কস্তমে তাহমিনাৰ কথা প্রায় পাহৰিয়ে গৈছিল। প্ৰথম কেইবছৰমান অৱশ্যে তাহমিনাৰ কথা ভাবি তেওঁ সময়ে সময়ে কিছু উদাস হৈ উঠিছিল। তাহমিনাৰ সান্নিধ্যৰ বাবেও ব্যাকুল হৈ উঠিছিল। কিন্তু বাদচাহে দেশ এৰি নাযাবলৈ তেওঁৰ প্ৰতি জাৰি কৰা নিষেধাজ্ঞাৰ কাৰণে তীব্র ইচ্ছা থকা সত্ত্বেও তেওঁ মনৰ ইচ্ছাক দমাই ৰাখিব লগীয়া হৈছিল। তদুপৰি দেশৰ নিৰাপত্তাৰ কথা ভাবিও তেওঁ বুকু ডাঠ কৰিব লগা হৈছিল। ফলত তাহমিনাৰ স্মৃতি এক প্ৰকাৰ মচ খোৱাৰে উপক্ৰম হৈছিল তেওঁৰ মানস পটৰপৰা।

ফাতিমাৰ কথাত কস্তমৰ মনৰপৰা সেই বিস্মৃতিৰ কুঁৱলি আঁতৰি গ'ল। লগে লগে তেওঁৰ মানস পটত তাহমিনাৰ অপেক্ষাৰত বিষণ্ণ মুখৰ প্ৰতিচ্ছবি উদ্ভাসিত হৈ উঠিল।

তাহমিনাৰ গৰ্ভত ল'ৰা সন্তান হৈছে, নে ছোৱালী হৈছে! সন্তানটো জীয়াই আছে, নে নাই ? জীয়াই থাকিলে সন্তানটোৰ বয়স বৰ্তমান বাইছ বছৰ। ল'ৰা সন্তান হ'লে ফাতিমাই কোৱা অনুসৰি বৰ্তমান সি চফল ডেকা আৰু ছোৱালী হ'লে তাই গাভৰু। সন্তানটোৱে বাৰু তেওঁক কি বুলি ভাবি আছে? তেওঁক এজন অক্ষম নিষ্ঠুৰ পিতৃ বুলি ভবা নাইনে বাৰু? প্রশ্নবোৰ মনত জাগি উঠাৰ লগে লগে ৰুস্তম সংকোচিত হৈ উঠিল। তেওঁ সেমেনা- সেমেনি কৰি ক'লে- কিন্তু তাহমিনাই জানো মোক চিনিব পাৰিব?

ফাতিমাই দৃঢ় কণ্ঠত ক'লে- নিশ্চয় পাৰিব। নাৰীয়ে প্ৰথম প্ৰেমক কেতিয়াও পাহৰিব নোৱাৰে। সতী-সাধ্বীৰ প্ৰেম শিলৰ ৰেখাৰ দৰেই অজৰ-অমৰ- ইস্পাতৰ দৰে দৃঢ়।

কিন্তু সন্তানটোৱে..... ৰুস্তমে বাক্যটো আধৰুৱাকৈ এৰিলে।

তেজৰ আকৰ্ষণ চুম্বকতকৈও অধিক শক্তিশালী। ফাতিমাই পুনৰ দৃঢ় কণ্ঠত কলে- তেজৰ আকৰ্ষণেই সন্তানটোক আপোনাৰ কাষলৈ চপাই আনিব। তদুপৰি আপুনি তাহমিনা আৰু সন্তানটোৰ প্ৰতি ঘোৰতৰ অন্যায় কৰিছে। সেয়ে এতিয়া উপযাচি গৈয়ে আপুনি সেই অন্যায়ৰ প্রায়শ্চিত্ত কৰিব লাগিব।

কি কৰিম, ফাতিমাকস্তমে কৈফিয়তৰ সুৰত ক'লে- মোৰ বাবে দেশতকৈ আন একোৱে বেছি আপোন নহয়। ইৰাণক বাদ দি মোৰ অস্তিত্বৰো যেন কোনো মূল্য নাই। গতিকে দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ চিন্তাই সততে মোক আন সকলো চিন্তাৰপৰা আঁতৰাই ৰাখিছে। দেশৰ কথা ভাবিবলৈ গৈ মই বেলেগ কোনো কথা ভবাৰ অৱসৰে পোৱা নাই।

ফাতিমাই ৰুস্তমৰ ফালে চাই তিৰস্কাৰৰ সুৰত ক'লে- দেশ ! দেশ !! দেশ !!! আপুনি যে দেশৰ কথা ইমান ভাবিছে, দেশে আপোনাক কি দিছে? তিনি পুৰুষ ধৰি আপোনালোকে দেশৰ কাৰণে শেষ তেজ বিন্দু আহুতি দিছে- দেহৰ ঘাম সৰাইছে; কিন্তু দেশে কি কৰিছে আপোনালোকৰ কাৰণে? মূৰ গুজিবলৈ এটি ভাল ঘৰ নাই। ল'ৰাহালে ৰাজভোগ খোৱাতো দূৰৰে কথা, পেট পূৰাই দুবেলা দুমুঠি খাবলৈকো নাপায়। আপোনাৰ বেলিকাও সেই একেই কথা। দুবেলা দুটা শুকান ৰুটিও আপুনি সময় মতে নাপায়। অথচ বাদচাহে আপোনাক নিকিনা গোলামৰ দৰে খটুৱাই দিনে-ৰাতি ভোগ-বিলাসত মত্ত হৈ আছে।

ৰুস্তমে আবেগ বিহ্বল কণ্ঠত ক'লে- তুমি ঠিকেই কৈছা, ফাতিমা। ম‍ই সঁচাকৈয়ে বাদচাহৰ নিকিনা গোলাম। মোৰ শৈশৱ অতিক্রান্ত হোৱাৰ লগে লগে দেউতাই মোক দেশৰ নামত উছৰ্গা কৰি বাদচাহৰ হাতত তুলি দিছে। তেতিয়াৰপৰাই ম‍ই নিজৰ নিজস্বতাখিনি হেৰুৱাই পেলাইছো। মোৰ এই দেহ বাদচাহৰ ৰুটিৰে পুষ্ট। সেয়ে এই দেহৰ ওপৰত মোৰ কোনো অধিকাৰ নাই । এই দেহৰ অধিকাৰী বাদচাহহে। বৰ্তমান মোৰ ধ্যান-ধাৰণা, জল্পনা-কল্পনা সকলো ইৰাণক কেন্দ্ৰ কৰি আৱৰ্তিত। ইৰাণক ম‍ই নিজৰ প্ৰাণতকৈও বেছি ভাল পাওঁ, ফাতিমা। বাদচাহৰ আদেশ মোৰ বাবে খোদা তায়ালাৰ আদেশ।

ফাতিমাই ৰস্তমৰ এই প্ৰভু ভক্তিৰ কথা জানে যদিও তাই কিন্তু ৰস্তমৰ এই প্ৰভু ভক্তিৰ আতিশয্য ভাল নাপায়। গতিকে কস্তমৰ মুখত দেশ ভক্তিৰ কথা শুনি তাইৰ মনটো বিদ্ৰোহী হৈ উঠিল। ক্ষোভ মিশ্ৰিত সুৰত ক'লে তাই- বাদচাহৰ আদেশক আপুনি খোদা-তায়ালাৰ আদেশ বুলি মানিলেও মই নামানো। স্বাৰ্থপৰ বাদচাহক ম‍ই শ্ৰদ্ধাৰ পৰিবৰ্তে ঘৃণাহে কৰোঁ।

কায়কাউচৰ প্ৰতি অৱজ্ঞা সূচক মন্তব্য কৰাৰ কাৰণে ৰস্তম বিচলিত হৈ উঠিল। তেওঁ বিচলিত কণ্ঠত অনুৰোধৰ সুৰত ক'লে- ফাতিমা, তোমাৰ যি ক'বলৈ মন যায় মোক কোৱা। কিন্তু বাদচাহৰ প্ৰতি অৱজ্ঞাসূচক মন্তব্য নকৰিবা। বাদচাহৰ তিলমান কুৎসাও মোৰ কাৰণে বৰবিহতকৈও বেছি তিতা।

ৰস্তমৰ কথাত ফাতিমা উত্তেজিত হৈ উঠিল। তাই তীব্ৰ কণ্ঠত প্ৰতিবাদ কৰি উঠিল- হাজাৰবাৰ ক', বাদচাহ স্বাৰ্থপৰ, লোভী, স্বেচ্ছাচাৰী। তেওঁৰ অন্তৰত দয়া-মায়া বোলা কোনো পদাৰ্থ নাই। তেওঁৰ হৃদয় নীটে শিলৰ দৰে কঠিন। মানুহ নামৰ যোগ্যই নহয় তেওঁ।

ফাতিমাই কথাবোৰ ক'বলৈহে পালে, ৰস্তম বজ্ৰ-কণ্ঠত চিঞৰি উঠিল- ফাতিমা!

ৰস্তমৰ বজ্রকণ্ঠতো ফাতিমাই ভয় নাখালে। তাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে- দেশৰ প্ৰতি আপোনাৰ যেনেকৈ কৰ্ত্তব্য আছে, সন্তানৰ প্ৰতিও তেনেকৈ আপোনাৰ কৰ্ত্তব্য আছে। আপুনি দেশৰ কামত লাগি থাকি তাহমিনাৰ খবৰ নোলোৱাকৈ থকাটো ঘোৰতৰ অন্যায় হৈছে। আপুনি যিমান সোনকালে পাৰে চামান গাঁলৈ গৈ তাহমিনাৰ খবৰ কৰকগৈ। বেচেৰীয়ে হয়তো আপোনাৰ বাবে বাট গণি গণি ভাগৰি পৰিছে। আপুনি দুই এদিনতে চামান গাঁলৈ যোৱাৰ ব্যৱস্থা কৰক ।

ৰস্তমৰ মুখমণ্ডল থম্‌থমীয়া হৈ উঠিল। তেওঁৰ চকু-মুখত খেলি গ'ল আবেগ বিভ্ৰান্তিৰ আলোক-ছাঁয়া। তেওঁ কৰুণ দীনতা প্ৰকাশ কৰি ক'লে- কিন্তু এই মুহূর্তে মোৰ বাবে ইৰাণ এৰি যোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। তুৰস্কৰ বাদচাহ আবচাৰিয়াবে কেইদিনমানৰপৰা পুনৰ সীমান্তত সৈন্য সমাৱেশ কৰি আছে। গতিকে এই মূহুৰ্তত ম‍ই ইৰাণ এৰি গ'লে মোৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ইৰাণ আক্ৰমণ কৰিব পাৰে। ৰস্তমে এইদৰে কৈ খন্তেক ভাবি ক'লে- বাৰু ফাতিমা, খবৰ ল'বলৈ আন কাৰোবাক পঠাব নোৱাৰি নেকি?

ৰস্তমৰ কথাত ফাতিমাৰ চকু-মুখত বিৰক্তিৰ অভিব্যক্তি ফুটি উঠিল; কিন্তু শেষ মুহূৰ্তত তেওঁ ইৰাণৰ আসন্ন বিপদৰ কথা ভাবি নিজক সংযত কৰি ক'লে- ইৰাণক ময়ো মনে-প্রাণে ভাল পাওঁ। ইৰাণৰ স্বাধীনতা বিপন্ন হোৱাটো ময়ো কামনা নকৰোঁ। বাৰু, আপুনি নিজে যাব নালাগে। বেলেগ কাৰোবাক পঠোৱাৰ ব্যৱস্থা কৰক। কিন্তু পঠাব কাক? মানুহজনতো বিশ্বাসীও হ'ব লাগিব!

ৰুস্তমৰ ক্ৰযোৰ কোঁচ খাই গ'ল। তেওঁ খন্তেক ভাবি ক'লে- খোজাৰ বাহিৰে তেনে কোনো বিশ্বাসী মানুহ মোৰ চকুতপৰা নাই দেখোন। খোজাক পঠালে কেনে হয়? কথাষাৰ কৈয়ে তেওঁ ফাতিমাৰ মুখলৈ চালে তাইৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে।

খোজা কলা কাৰণে ফাতিমাই মৃদু আপত্তি কৰি ক'লে- সি এজন ক'লা মানুহ। যাওঁ বুলি ক'লে সি খাওঁ বুলি শুনে আৰু খাওঁ বুলি ক'লে শুনে যাওঁ বুলি। তাক পঠিয়ালে ল'ৰাকে ছোৱালী আৰু ছোৱালীকে ল'ৰা বুলি শুনি আহিব পাৰে।

ৰস্তমে চিন্তিত কণ্ঠত কলে- কিন্তু তাৰ বাহিৰে দেখোন তেনে কোনো বিশ্বাসী মানুহ মোৰ চকুত পৰা নাই?

ফাতিমাৰ চকু-মুখতো চিন্তাৰ অভিব্যক্তি ফুটি উঠিল। তাই মনে মনে কিছুপৰ ভাবি ক'লে- অৱশ্যে ক'লা হ'লেও খোজা বিশ্বাসী। বাৰু, আপুনি কৈছে যেতিয়া তাকেই পঠাই দিয়ক। তাক বুজাই-বঢ়াই পঠাব লাগিব। তদুপৰি সিতো মাথোন শুনিয়ে নাহে, নিজ চকুৰে চায়োতো আহিব। গতিকে কোনো সমস্যা নহ'ব।

সেই মুহূর্তে ৰস্তমৰ সৰুটো ল'ৰা কদম সেইখিনি আহি পালেহি। কস্তমে কদমক উদ্দেশ্য কৰি ক'লে- কদম যোৱা, এই মুহূর্তে খোজাক ইয়ালৈ মাতি আনাগৈ৷ তাৰ লগত বিশেষ কথা আছে। আমি তাৰ কাৰণে অপেক্ষা কৰি আছো বুলি কোৱাগৈ।

খোজাক মাতিবলৈ কদম দৌৰি ওলাই গ'ল।

খন্তেক পাছতে খোজা ঘৰৰ ভিতৰলৈ সোমাই আহি সুধিলে- মোক মাতিছিল নেকি, দেউতা?

ফাতিমাই খোজাৰ ওচৰলৈ আহি চিঞৰি চিঞৰি ক'লে- অ' মাতিছোঁ। তুমি কাইলৈ চামান গাঁলৈ যাব লাগিব।

খোজাই বিস্ময় প্রকাশ কৰি ক'লে- চাবোন গাত ল'ব লাগিব ! কালিয়ে দেখোন চাবোনেৰে গা ধুলোঁ।

এওঁৰ লগত কথা পাতিবলৈ গ'লেও মহা বিপদ। ফাতিমাই এইদৰে স্বাগতোক্তি কৰি বিৰক্তি মিহলি কণ্ঠত আগতকৈও উচ্চকণ্ঠত কলে- চাবোন নহয়, চামান গাঁ.......

খোজাই এইবাৰ কথাটো বুজিব পাৰি ক'লে- অচামান গাঁ। তালৈ গৈ কি কৰিব লাগিব?

ফাতিমাই ৰস্তমলৈ আঙুলিয়াই ক'লে- চামান গাঁত এওঁৰ এজনী বিবি আছে। ইৰাণলৈ অহাৰ সময়ত তাইক অন্তঃসত্ত্বা থৈ আহিছিল। এতিয়া তুমি চামান গাঁলৈ গৈ তাইৰ গৰ্ভত ল'ৰা সন্তান হৈছে, নে কন্যা সন্তান হৈছে সেই খবৰলৈ আহিব লাগিব।

মৰানে কণা সন্তান! কাৰ মৰা কণা সন্তান হ'? খোজাই বিস্ময় প্রকাশ কৰি সুধিলে।

বিৰক্তিত ৰুস্তমৰ মুখমণ্ডল বিকৃত হৈ উঠিল। তেওঁ চিঞৰি ক'লে- মৰা নহয়, 'ৰা বা কন্যাহে।

খোজাই এইবাৰ কথাটো বুজিব পাৰি ক'লে- কন্যা নে ল'ৰা? কাৰ কন্যানে ল'ৰা হৈছে? কথাটো ভালদৰে বুজাই নকয় কিয় ?

ফাতিমাই ক'লে- চামান গাঁৰ বিবিৰ ল'ৰা হৈছে, নে কন্যা সন্তান হৈছে সেই কথা জানি আহিব লাগিব।

খোজাই আনন্দত তিনি খৰ মাৰি ক'লে- এতিয়াই গৈ কান্ধত তুলি লৈ আহিমহি। এইদৰে কৈয়ে খোজা যাবলৈ উদ্যত হ'ল।

ফাতিমাই বাধা দি ক'লে- এতিয়াই যাব নালাগে। বহু দূৰ। কাইলৈ দোকমোকালিতে ওলাব লাগিব

খোজাই মূৰ জোকাৰি সন্মতি জনালে- বাৰু, আপুনি কৈছে যেতিয়া কাইলৈয়ে যাম বাৰু।

ফাতিমাই ক'ল- লৰা হ'লে লগত লৈ আহিবা আৰু ছোৱালী হ'লে লৈ আহিব নালাগে। চাই আহিলেই হ'ব।

খোজাই সন্মতি জনাই ক'লে- বাৰু, আপোনালোকে কোৱা মতেই কৰিমহি।

কথাটো মনত থাকে যেন। দোকমোকালিতে ওলাব লাগিব। ফাতিমাই সঁকীয়াই দিলে।

খোজাই সোঁৱে-বাঁৱে মুৰটো দুবাৰমান সঞ্চালন কৰি সন্মতি জনালে- কাইলৈ ৰাতিপুৱাতে যাম বাৰু।

ফাতিমাই ক'লে- এতিয়া যোৱা। কাপোৰ-কানি ধুব লগা থাকিলে ধুই দিয়াগৈ। বাদচাহৰ মেহমান পৰিস্কাৰ-পৰিচ্ছন্ন হৈ যাব লাগিব।

সন্মতিসূচক মূৰ দুপিয়াই খোজা ওলাই গ'ল।

ফাতিমাই এইবাৰ ৰস্তমক উদ্দেশ্য কৰি ক'লে- আপুনি বজাৰলৈ গৈ কিছু খেজুৰৰ ব্যৱস্থা কৰকগৈ। দূৰণিবটীয়া বাট, কিছু ৰুটিও বনাই দিব লাগিব।

ফাতিমাৰ পৰামৰ্শ অনুসৰি ৰুস্তম বজাৰলৈ বুলি ওলাই গ'ল। ফাতিমাই ৰুটি বনোৱাৰ যা-যোগাৰত ব্যস্ত হৈ পৰিল।

*        *        *

 

                                    বাৰ

চোহৰাব!

কৈশোৰ অতিক্ৰম কৰি যৌৱনৰ দুৱাৰ দলিত ভৰি দিছে মাথোন। সুন্দৰ সুঠাম দেহ। মূৰত ঘন ক'লা কেঁকোৰা চুলি। প্রশস্ত কপাল। মুখমণ্ডলত প্রস্ফুটিত হ'ব ধৰিছে দাঢ়ি-গোঁফৰ উদ্ভিন্ন ৰেখা। আঁৰি মাছৰ দৰে বহল বুকু। বলিষ্ঠ বাহু। দেহত হাতীৰ বল। মানুহ এজনক ফৰ্মটিৰ দৰে দলিয়াই দিব পাৰে। সৰু-সুৰা গছ উভালি লাখুঁটিৰ দৰে ব্যৱহাৰ কৰিব পাৰে। দেউতাক ৰস্তমৰ সকলো গুণ উত্তৰাধিকাৰ সূত্রে কৈশোৰ অৱস্থাতে চোহৰাবৰ দেহত বিদ্যমানঅৱশ্যে দৈহিক বলত বলীয়ান হ'লেও চোহৰাব স্বভাৱত শান্ত-শিষ্ট, নিৰ্জু। ব্যৱহাৰত অমায়িক। ডাঙৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আৰু সৰুৰ প্ৰতি মৰম-চেনেহ বিদ্যমান। সমনীয়াৰ প্ৰতি বন্ধু সূলভ ব্যৱহাৰ।

ককাক চাহৰিয়াৰে চামান গাঁৰ ভবিষ্যত উত্তৰাধিকাৰী হিচাপে গঢ়ি তুলিবলৈ চোহৰাবক সকলো প্ৰকাৰৰ বিদ্যা শিক্ষাৰ ব্যাৱস্থা কৰি দিছে। কাৰণ যাৰ লাঠি তাৰে মাটি। এইবোৰ দৰ্শনৰ জৰিয়তেই তেতিয়াৰ দিনত সাম্ৰাজ্য এখনৰ শাসনকাৰ্য নিয়ন্ত্ৰণ হৈছিল। গতিকে ককাকে সকলো ফালেদি চোহৰাবক পাৰদৰ্শী কৰি গঢ়ি তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই। অস্ত্র চালনাৰ উপৰিও দেশৰ বচা বচা কুস্তিগীৰসকলৰ তত্ত্বাৱধানত কুস্তি শিক্ষাৰ ব্যৱস্থাও কৰি দিছে ককাকে চোহৰাবক। অলপ দিনৰ ভিতৰতে চোহৰাব সকলো বিদ্যা আয়ত্ব কৰি এজন বিখ্যাত যোদ্ধা হিচাপে প্ৰখ্যাত হৈ উঠিছে। চামান গাঁৰ বিখ্যাত যোদ্ধাসকলেও চোহৰাবক সমীহ কৰি চলে। চোহৰাব ভবিষ্যতে ৰুসমতকৈওযে শক্তিশালী যোদ্ধা হ'ব তাৰ সকলো লক্ষণ কিশোৰ অৱস্থাতে ফুটি উঠিছে তাৰ গাত।

ককাক চাহৰিয়াৰ আৰু মাক তাহমিনা চোহৰাবৰ সফলতাত অভিভূত। চোহৰাবকলৈ তেওঁলোকৰ গৌৰৱৰ অন্ত নাই। কিন্তু আনন্দৰ মাজতো ককাক আৰু মাকৰ হৃদয় কেতিয়াবা কেতিয়াবা দুঃশ্চিন্তাৰ ক'লা ডাৱৰে ছানি ধৰে। চোহৰাবৰ এই সফলতাৰ বাতৰি যদি কেতিয়াবা কেনেবাকৈ দেউতাক ৰুস্তমৰ কাণত পৰে আৰু দেউতাকে যদি চোহৰাবক নিজৰ ওচৰলৈ লৈ যায় তেনেহ'লে তেওঁলোকৰ কি গতি হ'? চোহৰাবৰ অবিহনে তেওঁলোকে কি লৈ জীয়াই থাকিব? সেয়ে চোহৰাবক হেৰুৱাৰ দুঃশ্চিন্তাত মাজে সময়ে ককাক-মাক শংকিত হৈ উঠে।

বাইছ বছৰৰ ভিতৰত ৰুস্তমে এবাৰৰ কাৰণেও চোহৰাব বা তাহমিনাৰ খা-খবৰ লোৱা নাই। বা খা-খবৰ লোৱাৰ প্ৰয়োজনবোধ কৰা নাইৰুস্তমৰ এই অৱহেলাৰ কথা ভাবিলেই তাহমিনাৰ অন্তৰত অভিমান সঞ্চাৰিত হৈ উঠে। সেই অভিমানেই কেতিয়াবা ক্ষোভৰ ৰূপ লয়। তেতিয়া তাহমিনা ৰুস্তমৰ প্ৰতি বিদ্বেষী হৈ উঠে।

ৰুস্তম ইমান নিষ্ঠুৰ! তেওঁ কেনেকৈ বাৰু পাহৰি আছে তেওঁলোকৰ কথা? বাইছ বছৰৰ ভিতৰত এবাৰৰ কাৰণেও বাৰু তাই বা সন্তানটোৰ কথা মনত পৰা নাইনে ৰুস্তমৰ? সময়ে সময়ে এইবোৰ কথা ভাবি তাহমিনাৰ হৃদয় প্রচণ্ড বেদনাত বেদনাচ্ছন্ন হৈ উঠে। তেতিয়া তাই চোহৰাবৰ মুখলৈ চাই ধৈর্য ধৰে। দুখ-বেদনা পাহৰে। কিন্তু খবৰ পাই ৰুস্তমে যদি চোহৰাবক ইৰাণলৈ লৈ যায়? তেতিয়া তাইৰ গতি কি হ'? নিজৰ স্বামীক তাই আঁচলত বান্ধি ৰাখিব নোৱাৰিলে; নিজৰ সন্তানকো যদি ধৰি ৰাখিব নোৱাৰে তেতিয়া অৱশিষ্ট জীৱন তাই কি লৈ জীয়াই থাকিব ?

চাহৰিয়াৰৰ মনতো একেই শংকা। ৰুস্তম যদি চোৰাবক লৈ যায় তেনেহ'লে তেওঁৰ অবৰ্তমানত কোন হ'ব চামান গাঁৰ বাদচাহ? কোনে ধাৰণ কৰিব ৰাজদণ্ড? তেতিয়া তাহমিনাৰে বা কি গতি হ'? এইবোৰ কথা ভাবি কেতিয়াবা কেতিয়াবা চাহৰিয়াৰ বিচলিত হৈ উঠে। বুকুত প্রচণ্ড বেদনা অনুভৱ কৰে। তেতিয়া তাহমিনাৰ মুখলৈ চালে তেওঁৰ বুকু হম্হমাই উঠে। অভাগিনী তাহমিনা! উপযুক্ত বয়সত স্বামীৰ মৰম নাপালে। সধবা হৈয়ো ওৰেটো জীৱন বিধবাৰ দৰে কটালে। স্বামীৰ মৰমৰপৰা বঞ্চিতা নাৰী হৃদয়ৰ বেদনা তেওঁ অনুধাৱন কৰিব নোৱাৰিলেও অনুভৱ কৰিব পাৰে। তাহমিনাৰ শোকার্ত মুখলৈ চালে হৃদয়ৰ বেদনাবোৰ সাপৰ দৰে মোচড় দি উঠে।

কিছুদিন আগলৈকো চাহৰিয়াৰ তাহমিনাৰ উদাস বেদনাচ্ছন্ন মুখৰ ফালে চাই ম্রিয়মান হৈ পৰিছিল। কস্তমৰ প্ৰতি প্ৰচণ্ড বিদ্বেষ অনুভৱ কৰিছিল। কিন্তু চোহৰাবৰ সফলতাত চাহৰিয়াৰৰ মনৰ সেই দুখ-বেদনা-বিদ্বেষ যেন বহু পৰিমাণে স্তিমিত হৈছে। ফলত চাহৰিয়াৰৰ মনত জাগি উঠিছে নতুন উদ্যম। চোহৰাবৰ সফলতাত তাহমিনাও কিছু পৰিমাণে স্বাভাৱিক হৈ উঠিছে। মুখলৈ বিষাদৰ ঠাইত কিছু সজীৱতা উভতি আহিছে। কিন্তু চোহৰাব যদি দেউতাকৰ আহ্বানত কেতিয়াবা চামান গাঁ এৰি ইৰাণলৈ গুচি যায় তেতিয়া তাইৰ গতি কি হ'? তাই তেতিয়া কি লৈ জীয়াই থাকিব? কোনে ভোগ কৰিব চামান গাঁৰ সিংহাসন? এইদৰে অযুত শংকাৰ ক'লা ডাৱৰে কেতিয়াবা কেতিয়াবা চাহৰিয়াৰৰ দেহ- মন ছানি ধৰে। দুঃশ্চিন্তাৰ ঘূৰ্ণী বতাহে মনত তোলপাৰ লগায়।

এদিন চাহৰিয়াৰে এইবোৰ কথা ভাবি থাকোতেই হঠাৎ তেওঁৰ মনত এটা বুদ্ধি খেলালে। তেওঁ চোহৰাবৰ বিয়া পতাৰ কথা ভাবিলে।

চাহৰিয়াৰে ভাবিলে, পুৰুষৰ মন বান্ধিবলৈ কামিনী কাঞ্চনৰ বিকল্প নাই। গতিকে বিয়াখন পাতি দিলে চোহৰাবে চামান গাঁ এৰি যোৱাৰ কথা ভাবিব নোৱাৰিব। স্ত্ৰীয়ে তেতিয়া তাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব। তেতিয়া যি ফালেদি যেনেকৈয়ে আৱৰ্তন নকৰক কিয় কেন্দ্ৰ বিন্দুৰ আকৰ্ষণ চিঙি আঁতৰি যোৱাটো তাৰ কাৰণে সম্ভৱ নহ'ব। কথাটো ভৱাৰ লগে লগে চাহৰিয়াৰৰ দেহত যেন নৱযৌৱন সঞ্চাৰিত হ'ল। আনন্দত অধীৰ হৈ এই বিষয়ে আলোচনা কৰিবলৈ তেওঁ তৎক্ষণাৎ তাহমিনাৰ ওচৰলৈ লৰি আহিল।

তাহমিনা নিজৰ কক্ষতে বহি আছিল। পৰিচাৰিকা এগৰাকী কক্ষৰ ভিতৰলৈ সোমাই আহি তাইক চাহৰিয়াৰৰ আগমনৰ বতৰা দিলে। তাহমিনা তৎক্ষণাৎ বহাৰপৰা উঠি দুৱাৰ মুখলৈ আগবাঢ়ি আহিল। চাহৰিয়াৰক দুৱাৰ মুখত ৰৈ থকা দেখি তাই আথে-বেথে আদৰিলে- আব্বাজান আপুনি! আহক, বহকহি। আপুনি নিজে নাহি মোক মাতি পঠিয়াব পাৰিলেহেঁতেন।

চাহৰিয়াৰ কক্ষৰ ভিতৰলৈ সোমাই আহি চকী এখনত বহি ক'লে- তুমিও মোৰ ওচৰত বহা। তোমাৰ লগত মোৰ বিশেষ কথা আছে।

তাহমিনা কৌতুহলী হৈ উঠিল। নিৰ্দেশ অনুসৰি তাই দেউতাকৰ কাষত বহিল।

চাহৰিয়াৰে কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়া ভাবে আৰম্ভ কৰিলে- তাহমিনা, মোৰ মনত এষাৰ কথা খেলাইছে। এইদৰে কৈয়ে তেওঁ ৰহস্যময় ভংগীত ক'লে- বাৰু তাহমিনা, চোহৰাবৰ বিয়াখন পাতি দিলে কেনে হয়? বিয়াখন পাতি দিলেই আমি নিশ্চিন্ত হ'ব পাৰোঁ দেখোন। এই বিষয়ে তোমাৰ মত কি?

তাহমিনাই অবাক বিস্ময়ত দেউতাকৰ মুখলৈ চাই ম্লান হাঁহি মাৰি ক'লে- চোহৰাবৰ বিয়া! এয়া আপুনি কি কৈছে?

চাহৰিয়াৰ লৰি-চৰি বহি দৃঢ় প্রত্যয়ৰ সুৰত ক'লে- এৰা, বিয়াখন পাতি দিলেই আমি সকলো ফালেদি নিৰাপদ হ'ব পাৰিম। নিজৰ স্ত্ৰীক থৈ চোহৰাব তেতিয়া কলৈকো যাব নোৱাৰিব। বিয়াখন পাতি দিয়ে তাক ৰাজপাটত বহুৱাই মই মক্কালৈ গুচি যাম। চাহৰিয়াৰে তাহমিনাক আবেগিক কৰি তোলাৰ কাৰণে ক'লে- ল'ৰা নাই, বোৱাৰীৰ মুখদৰ্শন কৰাৰ সৌভাগ্য নহ'ল। এতিয়া নাতি বোৱাৰীৰ মুখদৰ্শন কৰিবলৈ মোৰ বৰ হেঁপাহ উপজিছে। মোৰ হেঁপাহো পূৰণ হ'ব আৰু লগতে চোহৰাবক হেৰুৱাৰ শংকাও আঁতৰ হ'ব। অর্থাৎ এটা ফৰ্মটিতে মই দুটা চিকাৰ কৰাৰ কথা ভাবিছো।

দেউতাকৰ উৎসাহ দেখি তাহমিনা কৌতুহলী দৃষ্টিত দেউতাকৰ মুখলৈ চালে। এক অনামী পুলকত তাইৰ দেহ-মন পুলকিত হৈ উঠিল। তাই শাহু আই হ'ব! বোৱাৰীয়ে তাইক আই বুলি মাতিব! এয়াতো তাইৰ বাবে পৰম সৌভাগ্যৰ কথা। কিন্তু পাছমুহূৰ্ততে এক অপৰাধবোধে তাইৰ দেহ-মন বিষাদাচ্ছন্ন কৰি তুলিলে। চোহৰাবৰ দেউতাকৰ অনুমতি অবিহনে বিয়া! ই কেনেকৈ সম্ভব? তদুপৰি চোহৰাবৰ বয়সে বা কিমান? মাথোন বাইছ বছৰ। এই বয়সত জানো তাৰ বিয়া পতা উচিত হ'?

এইবোৰ কথা মনতে ভাবি তাহমিনাই দেউতাকৰ ফালে চাই সেমেনা-সেমেনি কৰি ক'লে- কিন্তু তাৰ দেউতাকৰ অনুমতি নোলোৱাকৈ বিয়া পতা জানো উচিত হ? তদুপৰি তাৰ বয়সে বা কিমান?

চাহৰিয়াৰ ক্ষোভ মিশ্ৰিত সুৰত প্ৰতিবাদ কৰি উঠিল- বাদ দিয়া তাৰ দেউতাকৰ কথা। যিজন দেউতাকে জন্মৰে পৰা সন্তানৰ খবৰ লোৱা নাই সেইজন দেউতাকৰ অনুমতি লৈ বিয়া পাতিব লাগিব নেকি? চোহৰাব একৈছ বছৰ পাৰ হৈ বাইছ বছৰত ভৰি থৈছে, এতিয়াও তাৰ বিয়াৰ বয়স হ'বলৈ বাকী আছে নেকি? মই দেখোন ওঠৰ বছৰ বয়সতে বিয়া কৰাইছিলো।

তাহমিনাই শংকিত সুৰত ক'লে-কিন্তু চোহৰাব যদি বিয়া কৰাবলৈ সন্মত নহয়, তেতিয়া কি কৰিব?

নিশ্চয় সন্মত হ'ব। চাহৰিয়াৰ দৃঢ় কণ্ঠত ক'লে- তাক সন্মত কৰোৱাৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া। তুমি এই বিষয়ে চিন্তা কৰিব

নালাগে।

বাপেক-জীয়েকৰ মাজত এইদৰে আলোচনা চলি থাকোঁতেই পৰিচাৰক এজন সোমাই আহি ক'লে- জাহাপনা, ইৰাণৰপৰা দূত আহি আপোনাৰ দৰ্শনৰ অপেক্ষাত ৰৈ আছে।

ইৰাণৰপৰা দূত অহাৰ কথা শুনি বাপেক-জীয়েক দুয়ো উৎকণ্ঠিত ও কৌতূহলী দৃষ্টিৰে ইজনে সিজনৰ মুখলৈ চালে। উভয়ৰ মুখমণ্ডল ভাদমহীয়া ক'লা ডাৱৰৰ দৰে শংকাৰ ক'লা ডাৱৰে ছানি ধৰিলে। উভয়ৰ মুখৰ মাত হৰিল। শংকা মিহলি উৎকণ্ঠা জাগি উঠিল উভয়ৰ হৃদয়ত।

বাইছ বছৰ পাছত কি কাৰণত ইৰাণৰপৰা দূত আহিল! ৰস্তমৰ কোনো দুঃসংবাদ লৈ আহা নাইতো! নে চোহৰাবৰ জন্মৰ বাতৰি পাই ৰস্তমে তাক নিবলৈ মানুহ পঠাইছে? এইদৰে উভয়ৰ মনত নানা দুঃশ্চিন্তাই তোলপাৰ লগালে ।

অৱশেষত চাহৰিয়াৰে নিজক চম্ভালি লৈ শুষ্ক কণ্ঠত ক'লে- যোৱা, দূতক সসন্মানে ইয়ালৈ লৈ আহাগৈ।

আভিবাদন কৰি পৰিচাৰক ওলাই গ'ল।

পৰিচাৰক ওলাই যোৱাৰ পাছত কক্ষটোলৈ থমথমীয়া নিস্তব্ধতা নামি আহিল। উভয়ে নির্বাক নিশ্চল মূৰ্ত্তিৰ দৰে দূতৰ আগমন প্ৰতীক্ষাত ৰৈ থাকিল। অশুভ বাৰ্তাৰ শংকাত দুয়োৰে বুকু দুৰু দুৰকৈ কঁপিবলৈ ধৰিলে।

খন্তেক পাছত খোজা কক্ষৰ ভিতৰলৈ সোমাই আহি নিজৰ পৰিচয় দিলে- জাহাপনাৰ জয় হওঁক। ম‍ই মহাবীৰ ৰস্তমৰ ভৃত্য। মোৰ নাম খোজা।

চাহৰিয়াৰে কৰ্কশ সুৰত সুধিলে- কোৱা, কি সকামত আহিছা?

খোজাই কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়া ভাৱে ক'লে- জাহাপনা, মই মোৰ মহামান্য প্ৰভু ৰুস্তমৰ সন্তানক চাবলৈ আহিছোঁ৷ ল'ৰা হ'লে লৈ যাম আৰু ছোৱালী হ'লে চাই যাম। ল'ৰা, নে ছোৱালী মাতক।

খোজাৰ কথাত চাহৰিয়াৰ বিৰক্ত হ'ল যদিও অপেক্ষাকৃত শান্ত সুৰত ক'লে- বাইছ বছৰ পাছত তোমাৰ প্ৰভুৰ সন্তানৰ কথা মনত পৰিল নেকি? 'ৰা নহয়........

তাহমিনাই দেউতাকৰ মনৰ ভাৱ উপলব্ধি কৰিব পাৰি বাধা দিবলৈ ক'লে- দেউতা, আপুনি........

চাহৰিয়াৰে তাহমিনাৰ বাধা আওকাণ কৰি ক'লে- যোৱা, ইৰাণলৈ গৈ তোমাৰ প্ৰভুক কোৱাগৈ ল'ৰা নহয়, ছোৱালী......

খোজাই কাণ থিয় কৰি চাহৰিয়াৰৰ ফালে দুখোজমান আগুৱাই আহি চকু বিস্ফাৰিত কৰি ক'লে- কি কলে? ম‍ই ধেমালি কৰিছোঁ?

চাহৰিয়াৰে বুজিব পাৰিলে মানুহজন ক'লা৷ সেয়ে তেওঁ উচ্চকণ্ঠত চিঞৰি ক'লে- ধেমালি নহয়, ছোৱালীহে।

খোজাই এইবাৰ কথাটো বুজিব পাৰি মুখমণ্ডল বিকৃত কৰি ক'লে- ছোৱালী নেকি? ধেৎ, ম‍ই আকৌ ভাবিছিলো, 'ৰা। ল'ৰা হ'লে কান্ধত তুলি নাচি নাচি লৈ গ'লোহেঁতেন। হ'বলৈ পালে ছোৱালীহে। মোৰে কপাল বেয়া। ছোৱালীজনীক মাতক, চাই যাওঁ।

দেউতাকে আসৈ মতাত তাহমিনা বিচলিত হৈ উঠিলতাই শংকিত কণ্ঠত ক'লে- দেউতা, এনেকৈ আসৈ মাতিলে যদি চোহৰাবৰ অমংগল হয়?

চাহৰিয়াৰে ভ্ৰূ কুঞ্চিত কৰি দৃঢ় প্রত্যয়ৰ সুৰত ক'লে- একো নহয়। আচল কথা ক'লেহে অমংগল হ'ব। তুমি ইয়াৰ মাজত মাত নামাতিবা। যি ক'ব লাগে, ম‍ই ক'ম। তুমি মনে মনে থাকা

খোজাই বিৰক্তিভৰা কণ্ঠত চিঞৰি ক'লে- আপোনালোক ক'লা নেকি ? মই কি কৈছোঁ শুনা নাই নেকি আপোনালোকে ?

বিৰক্তিত ভ্ৰযোৰ কুঞ্চিত কৰি চাহৰিয়াৰে স্বাগতোক্তি কৰিলে- ক'লাৰ স্বভাৱে এনেকুৱা। সকলোকে নিজৰ দৰে ক'লা বুলি ভাৱে। এইদৰে স্বাগতোক্তি কৰিয়ে তেওঁ তাহমিনালৈ আঙুলিয়াই চিঞৰি ক'লে- এইজনীয়ে সেই ছোৱালী। এতিয়া যোৱা, ইৰাণলৈ গৈ তোমাৰ মহামান্য প্রভুক সুখবৰটো দিয়াগৈ। যোৱা, পলম নকৰিবা। আমাৰ ইয়াত আকৌ ৰাক্ষস আছে। বিদেশী পালেই খাই পেলায়।

খোজাই কৌতুহলী কণ্ঠত ক'লে- বাকচ! নাই নাই, মই কোনো বাকচ লৈ অহা নাই।

চাহৰিয়াৰে ক'লে- বাকচ নহয়, ৰাক্ষস। বিদেশী পালেই গোটে গোটে খাই পেলায়। চাহৰিয়াৰে খোৱাৰ মুদ্ৰাটো কৰি দেখুৱালে।

ৰাক্ষসৰ কথা শুনি খোজা ভয়ত পেঁপুৱা লাগিল। ভয়ত সি ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে। কঁপি কঁপিয়ে কলে সি- ৰাক্ষস! ক'?

বাহিৰত আছে। চাহৰিয়াৰে বাহিৰৰ ফালে আঙুলিয়াই ক'লে- সৌৱা, সৌফালে।

খোজাই ভয়ত তাহমিনাৰ পাছফালে পলাবলৈ গ'ল। খোজাৰ অৱস্থা দেখি তাহমিনাৰ হাঁহি উঠাৰ পৰিৱৰ্ত্তে দুখহে লাগিল। তাই দেউতাকক মৃদু ভৎসনা কৰি ক'লে- আব্বাজান, পথশ্ৰমত ক্লান্ত মানুহজনক আপুনি এনেকৈ ভয় খুৱাইছে কিয় ? আপোনাৰ হৃদয়ত জানো দয়া-মমতা নাই?

চাহৰিয়াৰে অপৰাধীৰ দৰে ক'লে- ইয়াৰ বাহিৰে বেলেগ উপায় নাই, আই। চোহৰাবৰ মংগলৰ কাৰণে ম‍ই ইয়াতকৈও হৃদয়হীন হ'ব পাৰোঁ। চোহৰাবৰ মংগলৰ কাৰণে আমি বুকু ডাঠ কৰিবই লাগিব, আই। এইদৰে কৈয়ে খোজাৰ ফালে আঙুলিয়াই ক'লে- এওঁ ইযাত বেছিপৰ ৰৈ থকাটো নিৰাপদ নহ'ব। থাকিলেই আচল কথাটো গম পাই যাব। গতিকে যিমান সোনকালে পাৰি এওঁক ইয়াৰপৰা বিদায় কৰাহে আমাৰ কাৰণে মংগল।

খোজা ক'লা কাৰণে তেওঁলোকৰ কথা-বতৰা বুজিব নোৱাৰি চকু ঘোপা কৰি কাণ পোণাই সুধিলে- আপোনালোকে কি কৈছে একো বুজিবপৰা নাই। অকণমান জোৰে কওঁক।

চাহৰিয়াৰে আগৰ কথাৰে পুনৰাবৃত্তি কৰি উচ্চকণ্ঠত ক'লে- ইয়াত ৰাক্ষস আছে, সোনকালে ইয়াৰপৰা পলোৱা। নহ'লে ৰাক্ষস আহি তোমাক খাই পেলাব।

এনেতে বাহিৰত চোহৰাবৰ মাত শুনা গ'ল- আম্মাজান, 'ত আছে আপুনি?

চোহৰাবৰ মাত শুনি চাহৰিয়াৰ উৎকণ্ঠিত হৈ উঠিল। তেওঁ খোজাক সোনকালে খেদি পঠিয়াবলৈ ক'লে- সেয়া ৰাক্ষস আহি পালেই, সোনকালে পলোৱা। নহ'লে ৰাক্ষস আহি তোমাক খাই পেলাবহি। এইদৰে কৈ চাহৰিয়াৰে পাছফালৰ দুৱাৰৰ ওচৰলৈ গৈ ক'লে- বলা, এই পাছফালৰ দুৱাৰেদি তোমাক ম‍ই পাৰ কৰি দিওঁ। ৰাক্ষস আহি পালে তোমাক ম‍ই বচাব নোৱাৰিম। বলা।

বিপদৰ সময়ত মানুহৰ ইন্দ্ৰিয়বোৰ অস্বাভাৱিক ধৰণে সজাগ হৈ উঠে। খোজাৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ'ল। সি চাহৰিয়াৰৰ কথাবোৰ সম্পূৰ্ণৰূপে বুজিব পাৰি ভয়ার্ত দৃষ্টিৰে তাহমিনাৰ ফালে চাই ক'লে- আহোঁ। চাই-চিতি থাকিবা।

চাহৰিয়াৰে কৃত্ৰিম আতংক মিহলি কণ্ঠত ক'লে- আহা, ভয় কৰিব নালাগে। তোমাক ম‍ই নিৰাপদ দূৰত্বত আগবঢ়াই থৈ আহিম।

চাহৰিয়াৰ আৰু খোজা পাছফালৰ দুৱাৰেদি ওলাই গ'ল।-

চাহৰিয়াৰ আৰু খোজা ওলাই যোৱাৰ খন্তেক পাছতে আম্মাজান আম্মাজান' বুলি মাতি চোহৰাব কক্ষৰ ভিতৰলৈ সোমাই আহিল।

মাকক দেখি চোহৰাব থমকি ৰৈ গ'ল।

চোহৰাবৰ চেহেৰা বিধবস্ত- বিপর্যস্ত। অলপ আগতে যেন তেওঁৰ মূৰৰ ওপৰেদি ধুমুহাৰ তাণ্ডৱ পাৰ হৈ গৈছে এনেকুৱা এক থমথমীয়া অভিব্যক্তি মুখমণ্ডলত প্ৰচ্ছন্ন। চকুত বিষণ্ণ হতাশ দৃষ্টি।

চোহৰাবৰ উদ্ভ্রান্ত বিধ্বস্ত চেহেৰা প্ৰত্যক্ষ কৰি তাহমিনা ব্যস্ত হৈ উঠিল। চকু-মুখত প্ৰস্ফুটিত হৈ উঠিল দুঃশ্চিন্তাৰ অভিব্যক্তি। হৃদয়ত জাগি উঠিল সংশয় উৎকণ্ঠা।

তাহমিনাই উৎকণ্ঠিত কণ্ঠত সুধিলে- কি হ'? তুমি ইমান অস্থিৰ হৈছা কিয়? কোনোবাই কিবা কৈছে নেকি তোমাক ?

তাহমিনাৰ সংশয় অমূলক নহয়।

মির্জা বেগৰ নাতিয়েক ইমৰাণৰ এষাৰ মন্তব্যই চোহৰাবক সঁচাকৈয়ে ক্ষত-বিক্ষত - বিধ্বস্ত আৰু অস্থিৰ কৰি তুলিছে। সেয়ে তেওঁ ইমৰাণৰ অভিযোগৰ উত্তৰ বিচাৰিয়ে মাকৰ ওচৰলৈ দৌৰি আহিছে।

মির্জা বেগ চামান গাঁৰ উজিৰ-এ-আজম। তেওঁৰ নাতিনীয়েক চুৰাইয়া। চুৰাইয়াৰ লগত কেইদিনমানৰপৰা চোহৰাবৰ এক নিবিড় প্ৰেমৰ সম্বদ্ধ গঢ় লৈ উঠিছে।

ষোড়শী চুৰাইয়াৰ দেহত ৰূপৰ পয়োভৰ। গোলাপৰ পাপড়িৰ দৰে কোমল দেহ। পূৰ্ণ চন্দ্ৰিমাৰ দৰে ধুনীয়া মুখমণ্ডল। তাইৰ ফালে চালে চকুত নিচা ধৰে, হৃদয় উত্তাল হৈ উঠে।

ৰূপতকৈও চুৰাইয়া আন এটি গুণৰ বাবে অধিক বিখ্যাত। তাই এগৰাকী ভাল গায়িকা। তাই নিজেই গজল ৰচনা কৰি গায়। তাইৰ কণ্ঠত যাদু আছে। তাইৰ গজল শুনিলে শিলৰ বুকু ভেদ কৰি নিজৰা বয়- শ্ৰোতাৰ হৃদয়ত ভাৱৰ লহৰ উঠে। গতিকে চামান গাঁৰ সম্ভ্ৰান্ত মহলত তাইৰ আকাশলংঘী খ্যাতি। স্বপ্ন বিলাসী তৰুণ মহলত তাই কোয়েলা বুলবুল। ফুলৰ ৰাণী বচৰাই গোলাপ। তাইৰ সান্নিধ্য লাভৰ বাবে তৰুণ দল বলিয়া।

সেই তৰুণ দলৰ মাজত চোহৰাবো এজন। য'তেই চুৰাইয়াৰ মেহফিল হয় ততেই গৈ চোহৰাব উপস্থিত হয়। মুগ্ধ বিস্ময়ত তন্ময় হৈ চুৰাইয়াৰ গজল শুনে। চুৰাইয়াৰ সুৰৰ যাদুৰ পৰশত তেওঁৰ দেহ-মন আচ্ছন্ন হৈ পৰে। হৃদয়ত মহব্বতৰ লহৰ উঠে। তেতিয়া মুগ্ধ আবেগত তেওঁ অভিভূতৰ দৰে চুৰাইয়াৰ মুখলৈ চাই তন্ময় হৈ পৰে।

নাৰীয়ে বুজে পুৰুষে কেতিয়া নাৰীৰ সান্নিধ্য বিচাৰে। চুৰাইয়াও বুজিব পাৰে চোহৰাবৰ দুৰ্বলতাৰ কথা। চোহৰাব তাইৰ প্ৰতি আকৃষ্ট হোৱাৰ কথাও তাই চোহৰাবৰ মুগ্ধ তন্ময়তা দেখি উপলব্ধি কৰিব পাৰে। গতিকে তাই মেফিলত গজল গাই থাকোঁতে সকলোৰে অলক্ষ্যে কেতিয়াবা চোহৰাবৰ ফালে চাই কটাক্ষ কৰে। চোহৰাবৰ দেহ তেতিয়া টন্‌টনাই উঠে। চুৰাইয়াৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ উঠে। চুৰাইয়াৰ মহব্বতৰ দৰিয়াত হেৰাই যাবলৈ ছট্‌ছট কৰে।

চোহৰাব লাজকুৰীয়া স্বভাৱৰ। তেওঁৰ মহব্বত দিলৰ মাজতে অন্তঃসলিলা সোঁতৰ দৰে নীৰৱে বৈ থাকে। হৃদয়ৰ কথাই প্ৰকাশৰ ভাষা বিচাৰি নাপাই হৃদয়তে গুজৰি-গুমৰি থাকে। হঠাৎ এদিন হৃদয়ৰ কথা খুলি কোৱাৰ সুযোগ ওলাল চোহৰাবৰ। সুযোগ কৰি দিলে চুৰাইয়া নিজেই।

চুৰাইয়াৰ ককায়েক ইমৰাণ চোহৰাবৰ দোস্ত। দুয়ো একেজন গুৰুৰ ওচৰতে শাস্ত্ৰ অধ্যয়ন কৰে। একেজন গুৰুৰ ওচৰতে অস্ত্র চালনাও শিকে।

সিদিনা চোহৰাবে ইমৰাণক বিচাৰি চুৰাইয়াহঁতৰ উদ্যানলৈ সোমাই গৈছিল। তাতেই তেওঁ আকস্মিক ভাৱে লগ পাই গৈছিল চুৰাইয়াক।

চুৰাইয়াই এপাহ গোলাপ হাতত লৈ তাই নিজে ৰচনা কৰা গজল এটা আপোন মনে গুনগুনাই আছিল। চোহৰাব হঠাৎ তাইৰ সন্মুখত উপস্থিত হোৱাত তাই গুন্‌গুনি বন্ধ কৰি মুগ্ধ বিস্ময়ত চোহৰাবৰ ফালে চালে।

চুৰাইয়াৰ দৃষ্টিৰ সন্মুখত অপ্ৰস্তুত হৈ চোহৰাবে সেমেনা-সেমেনি কৰি সুধিলে- তুমি? তুমি ইয়াত কি কৰিছা ?

চোহৰাবৰ অপ্ৰস্তুত অৱস্থা চুৰাইয়াৰ চকুতো ধৰা পৰিল। সেয়ে তাই শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে হাতত লৈ থকা গোলাপপাহলৈ আঙুলিয়াই ক'লে- এই গোলাপপাহক গজল শুনাই আছিলোঁ।

চোহৰাবে চুৰাইয়াৰ কৌতুকৰ অৰ্থ বুজিব নোৱাৰি অবাক বিস্ময়ত চকু বিস্ফাৰিত কৰি ক'লে- গোলাপক গজল শুনাইছা ? ফুলে জানো গজল বুজিব পাৰে ?

চুৰাইয়াই দৃঢ় অবিচল কণ্ঠত কলে- নিশ্চয় পাৰে। মানুহে কয়, মোৰ সুৰৰ মূৰ্চ্ছনাত হেনো শিলৰ বুকু ভেদ কৰি নিজৰা হয়, নৈৰ সোঁত উজাই বয়। গোলাপতো অতি কোমল, তেনেহ'লে গোলাপে মোৰ গজল বুজি নাপাব কিয় ?

চোহৰাবৰ দৃষ্টি কৌতুকত উদ্ভাসিত হৈ উঠিল। মনত জাগি উঠিল প্রগলভতা। সেয়ে তেওঁ পৰিহাসৰ সুৰত ক'লে- এয়া গোলাপৰ সৌভাগ্য। কি গজল গাই শুনালা?

চুৰাইয়াই ভ্ৰূযোৰ কুঞ্চিত কৰি খন্তেক ভাবি ক'লে- শুনিব নেকি ? বাৰু, শুনক তেনেহ'লে-

দিল চাহতী হ্যায় প্যাৰ কৰোঁ

লেকীন বোল নসকো প্যাৰকো আঁখে চাহতী হ্যায় প্যাৰ নিহাৰোঁ লেকীন শৰ্ম কে মাৰে দেখ নসকো

দিল টুটতী ৰহতী হ্যায়

মেৰী মহব্বত দিল মে হী গমচে মৰতী হ্যায়

ইয়ে কেইচী বোলোঁ আশিককো !!

গজল শুনি চোহৰাব অভিভূত হৈ পৰিল।

এয়াচোন তেওঁৰেই দিলৰ কথা। তেওঁৰ দিলৰ কথাৰেচোন প্ৰতিফলন ঘটিছে চুৰাইয়াৰ গজলত! চুৰাইয়াই তেওঁৰ হৃদয়ৰ দুৰ্বলতা উপলব্ধি কৰিব পাৰি গজলৰ চলতে উপহাস কৰা নাইতো তেওঁক? কথাটো ভাবোতেই চোহৰাবৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'ল। তথাপি তেওঁ নিজক চম্ভালি লৈ চুৰাইয়াৰ গজলৰ প্ৰশংসা কৰি ক'লে- বাঃ, অপূর্ব!

চুৰাইয়াই কটাক্ষ কৰি ক'লে- মই,, নে মোৰ গজল ?

চুৰাইয়াৰ কটাক্ষত চোহাবৰ হৃদয়ত ভালপোৱাৰ উল্লাস জাগি উঠিল। আবেগত আচ্ছন্ন হৈ ক'লে তেওঁ-- দুয়ো অপূৰ্ব। তোমাৰ কণ্ঠই কোয়েলা বুলবুলক চেৰ পেলায়। তোমাৰ ৰূপৰ জ্যোতিত জোনৰ সৌন্দৰ্য ম্লান পৰি যায়। তুমি অপূর্ব, তোমাৰ গজলো অপূর্ব।

ৰূপৰ প্ৰশংসাই নাৰীৰ ক্ষেত্ৰত টনিকৰ দৰে কাম কৰে। চোহৰাবৰ অকৃত্ৰিম প্ৰশংসাত চুৰাইয়া অভিভূত হৈ পৰিল আৰু প্ৰশংসাৰ আতিশয্যত তাই লাজত ৰঙা পৰি গ'ল। ক'লে তাই- আপুনি মোক মিছাতে প্ৰশংসা কৰিছে। আপুনি মিছলীয়া।

চোহৰাবে আবেগ বিহ্বল কণ্ঠত কলে- নাই নাই চুৰাইয়া, সচাকৈয়ে কৈছোঁ। তোমাৰ গজল শুনি নৈৰ সোঁত উজাই বয়- শিলৰ বুকু ভেদ কৰি নিজৰা বয়। তোমাৰ গজল সঁচাকৈয়ে অপূর্ব।

চুৰাইয়া হঠাৎ প্ৰশ্ন কৰিলে- গজল কেতিয়া ভাল লাগে?

চোহৰাবে টাই উত্তৰ দিলে- গজলে যেতিয়া দিলৰ কথা কয়।

মই গোৱা গজলে আপোনাৰ দিলৰ কথাকে ক'লে নেকি ?

নিশ্চয়, তোমাৰ গজলত ম‍ই মোৰ দিলৰ মহব্বতৰে প্ৰতিধ্বনি শুনিছোঁ।

তেনেহ'লে আপোনাৰ মহব্বত কোন ?

চোহৰাব আবেগিক হৈ উঠিল। তেওঁ ভাবিলে, এয়াই তেওঁৰ মনৰ কথা কোৱাৰ সুবৰ্ণ সুযোগ। আজি যদি তেওঁ চুৰাইয়াক তেওঁৰ হৃদয়ৰ কথা খুলি ক'ব নোৱাৰে তেনেহ'লে হয়তো আৰু জীৱনতো কোৱা নহ'ব। চিৰদিন তেওঁৰ মহব্বত দিলৰ মাজতে আন্তঃসলিলা সোঁতৰ দৰে ব‍ই থাকিব। সেয়ে চোহৰাবে লাজ-মান কাতি কৰি থৈ অকপটে ক'লে- তুমিয়ে মোৰ মহব্বত। ম‍ই তোমাক ভাল পাওঁ, চুৰাইয়া।

চুৰাইয়া নিজেও চোহৰাবৰ গুণ গৰিমাত অভিভূত। তায়ো চোহৰাবক মনে-প্রাণে কামনা কৰে। কিন্তু তাই লাজত তাইৰ মনৰ কথা খুলি ক'বপৰা নাছিল। চোহৰাবে গজল শুনিব বিচৰাত তাইৰ মনৰ কথা কোৱাৰ সুযোগ ওলোৱাত তাই সেই সুযোগৰে সদ্ব্যৱহাৰ কৰিছে আৰু তাই ইচ্ছা কৰিয়ে গজলৰ চলত চোহৰাবক তাইৰ মনৰ কথা ক'বলৈ থিতাতে গজলটো ৰচনা কৰি শুনাইছে। গজলটো শুনি চোহৰাব ভালপোৱা বুলি জানি তাইৰ হৃদয় যেন গোলাপী জোনাকেৰে ভৰি পৰিল।

সেয়ে চুৰাইয়াই নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ ক'লে- গজলটোত মই মোৰ মনৰ কথাৰে প্ৰতিধ্বনি কৰিছোঁ, ময়ো আপোনাক ভালপাও।

এইদৰেই সিদিনা দুফালৰ দুটি সুঁতি আহি মহব্বতৰ দৰিয়াত একাকাৰ হৈ গৈছিল আৰু সময় সুযোগ পালেই দুয়ো উদ্যানলৈ আহি বহিছিল।

আজি আবেলি দুয়ো চুৰাইয়াহঁতৰ উদ্যানত বহি আছিল।

এনেতে হঠাৎ উল্কাৰ দৰে তাত গৈ উপস্থিত হৈছিল চুৰাইয়াৰ ককায়েক ইমৰাণ ।

ইমৰাণৰ আকস্মিক আৱিৰ্ভাৱ আৰু তাৰ চকু-মুখত প্ৰচ্ছন্ন হৈ থকা বিৰক্তিৰ অভিব্যক্তিলৈ লক্ষ্য কৰি চোহৰাব সচকিত হৈ উঠিল।

অৱশ্যে কেইদিনমানৰ পৰাই চোহৰাবে ইমৰাণৰ এই পৰিবৰ্তন লক্ষ্য কৰি আহিছে। ইমৰাণে তেওঁক এৰাই চলাটোও তেওঁৰ চকুত পৰিছে। ইমৰাণে তেওঁক দেখিও নেদেখাৰ ভাওঁ জুৰি আঁতৰি যোৱাটোও তেওঁ লক্ষ্য কৰিছে। চোহৰাবে মাতিলেও ইমৰাণে কোনো উত্তৰ নিদিয়ে। শুনিও নুশুনাৰ ভাওঁ জুৰি আঁতৰি যায়। প্ৰথমাৱস্থাত চোহৰাবে ইমৰাণৰ এই মন ক্ষুণ্ণৰ কাৰণ উপলব্ধি কৰিবপৰা নাছিল যদিও চুৰাইয়াৰ লগত গঢ়ি উঠা ভালপোৱাই এই মন ক্ষুণ্ণৰ কাৰণ বুলি তেওঁ শেষ মুহূৰ্তত অনুমান কৰিব পাৰিছে। অৱশ্যে এয়া মাথোন অনুমানহে। প্রকৃত ৰহস্য কি সেয়া তেওঁ এতিয়ালৈকে ভাবি উলিয়াবপৰা নাই। কাৰণ চুৰাইয়াৰ লগত ভালপোৱাৰ সম্বন্ধ গঢ়ি উঠাত সি ক্ষুণ্ণ হোৱাৰ কাৰণ কি হ'ব পাৰে? তেওঁতো চুৰাইয়াৰ কাৰণে অনুপযুক্ত নহয়! কাৰণ তেওঁ হয় বুলিলে বাদচাহৰ ঘৰৰ ছোৱালীও আহি ভৰিত উবুৰি খাই পৰিব। তেওঁ চুৰাইয়াক ভালপোৱাটোতো ইমৰাণহঁতৰ কাৰণে সৌভাগ্যই বুলিব পাৰি! তেনেহ'লে ইমৰাণে এই ভালপোৱা সহজ ভাৱে ল'ব পৰা নাই কিয়? ইয়াৰ আঁৰৰ প্ৰকৃত ৰহস্য কি? বহু ভাৱি-চিন্তিও চোহৰাবে ইয়াৰ সদুত্তৰ উলিয়াব পৰা নাই আৰু ইমৰাণক কথাটো সুধিবলৈ গৈও তেওঁ সংকোচ বশতঃ সুধিব পৰা নাই

চোহৰাব ও চুৰাইয়াৰ এই ভালপোৱাৰ কথাটো জ্যেষ্ঠ মহলত প্ৰচাৰ নহ'লেও লগ সমনীয়াৰ মাজত ইতিমধ্যে প্ৰচাৰ হৈ গৈছিল। ইমৰাণও জানিছিল কথাটো। প্ৰথমাৱস্থাত তেওঁ কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল। শেষমুহূৰ্তত অৱশ্যে তেওঁৰ চকু মুকলি হৈছে। মুকলি কৰিছে তেওঁৰ লগ সমনীয়াই। ভূতৰ ওপৰত দানহ পৰাদি তেওঁৰ লগ সমনীয়াই কেইদিনমানৰপৰা চোহৰাব-চুৰাইয়াৰ ভালপোৱাৰ প্ৰসংগ তুলি তেওঁক জোকাবলৈ আৰম্ভ কৰিছে। তদুপৰি আৰু এষাৰ কথা ভাবিও তেওঁ চোহৰাব চুৰাইয়াৰ ভালপোৱা সহজ ভাৱে ল'বপৰা নাই। কাৰণ চোহৰাবৰ পিতৃ পৰিচয় অজ্ঞাত।

ইমৰাণে কেইদিনমানৰ পৰা চোহৰাবক কথাটো ক'বলৈ গৈয়ো চক্ষু লজ্জাৰ কাৰণে কবপৰা নাই। তদুপৰি কথাটো কিমান দূৰ সঁচা এই বিষয়েও সি নিশ্চিত নাছিল। সেয়ে কথাটো নিশ্চিত হোৱাৰ কাৰণে সি উভয়ক হাতে-লোটে ধৰাৰ কাৰণে ছেগ চাই আছিল। আজি লগৰীয়া এজনৰ মুখত চোহৰাব আৰু চুৰাইয়া উদ্যানত বহি থকাৰ খবৰ পাই স্বচক্ষে ঘটনাটোশপ্ৰত্যক্ষ কৰাৰ কাৰণে তেওঁ লৰি আহিছে।

ইমৰাণ উদ্যানখনলৈ সোমাই আহি চোহৰাব আৰু চুৰাইয়াক একেলগে নিবিড় ভাবে বহি থকা দেখি লগ সমনীয়াৰ কথাৰ সত্যতাৰ প্ৰমাণ পাই উত্তেজিত হৈ উঠিল। সি ৰুদ্ৰ মূৰ্ত্তি ধৰি একে কোবে গৈ চোহৰাবহঁতৰ সন্মুখত উপস্থিত হ'ল। ইমৰাণক দেখি চুৰাইয়া বহাৰপৰা উঠি থিয় হ'ল। চুৰাইয়াক উদ্দেশ্য কৰি ইমৰাণে ক্ষোভ মিশ্রিত ধমকিৰ সুৰত ক'লে- এজন জাৰ্জৰ লগত প্ৰেমত পৰিবলৈ তোৰ লাজ লগা নাই? নিলাজী ক'ৰবাৰ! এইদৰে কৈয়ে সি চোহৰাবলৈ আঙুলিয়াই ক'লে- বেলেগ কোনোদিন যদি এওঁৰ লগত দেখা পাওঁ তেনেহ'লে তোক দুছোৱাকৈ কাটি পাৰস্য উপসাগৰত উটুৱাই দিম। নিলাজী। যা, গুচ্ ইয়াৰ পৰা।

ইমৰাণৰ ধমকিত চুৰাইয়া চুচুক-চামাককৈ আঁতৰি গ'ল। চুৰাইয়া গুচি যোৱাৰ পাছত ইমৰাণ জ্বলন্ত দৃষ্টিৰে চোহৰাবৰ ফালে চাই ক'লে- তই মোৰ দোস্ত। গতিকে তোক মই বিশেষ একো নক'লোঁ। কিন্তু তোকো ম‍ই সাৱধান পৰি দিছোঁ, বেলেগ কোনোবাদিন যদি তোক চুৰাইয়াৰ লগত পুনৰ দেখা পাওঁ, সিদিনা তই যে মোৰ দোস্ত সেই কথা ম‍ই পাহৰি যাম।

কথাকেইটা কৈয়ে ইমৰাণ দপদপাই গুচি গ'ল।

ইমৰাণে খং কৰা দেখি প্ৰকাৰন্তৰে চোহৰাবে যিমান বেয়া পাব লাগিছিল সিমান যেন বেয়া নাপালে। কাৰণ ইমৰাণৰ জাজ' শব্দটোৱে তেওঁৰ অন্তৰত মৰ্মান্তিক ভাবে তোলপাৰ লগাইছিল। ফলত তেওঁৰ দৃষ্টিপথৰপৰা যেন জল-স্থল-অন্তৰীক্ষ অদৃশ্য হৈ পৰিল। তেওঁৰ মনৰ মাজত নানা অশুভ প্রশ্নই ভূমুকি মাৰিলে। স্থানুৰ দৰে বহি তেওঁ সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ ধৰিলে। তেওঁৰ বয়স বৰ্তমান বাইছ বছৰ। এই বাইছ বছৰত তেওঁ কোনোদিন পিতৃৰ মুখদৰ্শন কৰা নাই। তেওঁৰ বন্ধু-বান্ধৱেও তেওঁৰ পিতৃক দেখা নাই। সেয়ে সিহঁতে কেবাদিনো তেওঁৰপৰা পিতৃ পৰিচয় জানিব বিচাৰিছে। কিন্তু তেওঁ সিহঁতক কোনো সদুত্তৰ দিবপৰা নাই। মাকৰ ওচৰত তেওঁ ইতিমধ্যে কেবাবাৰে পিতৃ পৰিচয় জানিবলৈ চেষ্টা কৰিছে; কিন্তু প্ৰতিবাৰেই তেওঁ বিফল হৈছে। মাকে ইটো-সিটো প্ৰসংগ উলিয়াই আচল প্ৰসংগৰপৰা আঁতৰি গৈছে। মাকৰ এই ৰহস্যময় আচৰণৰ কাৰণ কি? তেনেহ'লে ইমৰাণে কোৱা কথাই সঁচা নেকি? সঁচাকৈয়ে তেওঁ জাজ নেকি? তেওঁৰ মনত এই দুটা প্রশ্নই তোলপাৰ লগালে- তেওঁৰ পিতৃ পৰিচয় কি? সঁচাকৈয়ে তেওঁ জাৰজ নেকি? কিন্তু তেওঁ ইয়াৰ কোনো সদুত্তৰ ভাবি উলিয়াব নোৱাৰিলে। ফলত তেওঁ প্ৰকৃত সত্য জনাৰ কাৰণে উদ্বাউল হৈ উঠিল। শেষমুহূৰ্তত তেওঁ সিদ্ধান্ত ল'লে যে, আজি জল-স্থল-অন্তৰীক্ষ একাকাৰ কৰি হ'লেও তেওঁ প্রকৃত সত্য উদ্‌ঘাটন কৰিহে এৰিব। ইয়াৰ বাবে মাকৰ মনতো যদি দুখ দিব লগা হয় তাৰ কাৰণেও তেওঁ কুণ্ঠাবোধ নকৰে।

এইদৰে সিদ্ধান্ত লৈয়ে তেওঁ উদ্‌ভ্ৰান্তৰ দৰে মাকৰ ওচৰলৈ লৰি আহিছে।

মাকৰ প্ৰশ্নত ঘিটমিটিয়া অন্ধকাৰাচ্ছন্ন নিজম ৰাতিৰ দৰে থমথমীয়া অভিব্যক্তি ফুটি উঠিল চোহৰাবৰ মুখমণ্ডলত। তেওঁ চেতনা মুখৰ ও সজাগ হৈ উঠিল। ক্লান্ত বিষণ্ণ আবেগ জড়িত কণ্ঠত তেওঁ মাকক উদ্দেশ্য কৰি সুধিলে- মা, তুমি মোক এষাৰ সঁচা কথা কবানে আজি ?

 চোহৰাবৰ প্ৰশ্নত স্পষ্ট অনুযোগৰ বাৰ্তা দেখি তাহমিনাৰ স্নায়ু সজাগ উঠিল। প্রশ্নৰ অৰ্থও তাই কিছু পৰিমাণে উপলব্ধি কৰিব পাৰিলে। তথাপি তাই নিজক চম্ভালি লৈ চোহৰাবলৈ চাই অভিযোগৰ সুৰত সুধিলে- কিয়, মই জানো কেতিয়াবা তোমাক মিছা কথা কৈছোঁ?

 চোহৰাবে শান্ত সমাহিত কণ্ঠত ক'লে- অৱশ্যে কোৱা নাই; কিন্তু তুমি সদায় মোৰ এটা প্ৰশ্নৰ উত্তৰ এৰাই যাবলৈ চেষ্টা কৰা কিয়?

 কথাষাৰৰ অৰ্থ তাহমিনাই বুজিব পাৰিও নুবুজাৰ ভাও জুৰি ক'লে- প্রশ্ন এৰাই যাওঁ! ক'তা, মোৰ দেখোন তেনে কোনো কথা মনত পৰা নাই

চোহৰাবে উদাস নিষ্প্রভ দৃষ্টিৰে মাকৰ ফালে চালে। মাকৰ সমগ্ৰ মুখমণ্ডল দুঃশ্চিন্তাৰ ক'লা ডাৱৰৰ লগতে বিষাদৰ কলা ছাঁয়াই আৱৰি ধৰা তেওঁ লক্ষ্য কৰিলে। মাকৰ বেদনাচ্ছন্ন মুখৰ ফালে চাই চোহৰাবৰ মন সেমেকি উঠিল; কিন্তু পাছমুহূৰ্ততে তেওঁ নিজক চম্ভালি দৃঢ় হ'ল। যেনেকৈয়ে হওঁক, মাকে যিমানেই দুখ নাপাওঁক কিয়, তেওঁ আজি প্ৰকৃত সত্য উদঘাটন কৰিবই লাগিব। তেওঁৰ জন্ম ৰহস্য যদি কলংকিতও হয় তথাপি তেওঁৰ আক্ষেপ নাই। মুঠতে তেওঁ আজি পিতৃ পৰিচয় জানিব লাগিব। পিতৃ পৰিচয় জানি হয় তেওঁ অন্ধকাৰৰ অতল গহ্বৰত হেৰাই যাব, নহ'লে বুকু ফিন্দাই লগ সমনীয়াৰ আগত পিতৃ পৰিচয় দাঙি ধৰিব। তেওঁৰ বুকুৰ মাজত যি ধুমুহাৰ তাণ্ডৱ আৰম্ভ হৈছে সেয়া শান্ত নকৰালৈকে তেওঁৰ শান্তি নাই- স্বস্তি নাই। এইদৰে দৃঢ় নিশ্চিত হৈ তেওঁ দৃঢ় কণ্ঠত সুধিলে- কোৱা মা, মোৰ পিতৃ পৰিচয় কি? সেই পৰিচয় গৌৰৱৰ, নে অগৌৰৱৰ ?

চোহৰাবৰ চকু-মুখত দৃঢ়তাৰ সুস্পষ্ট অভিব্যক্তি দেখি তাহমিনা শংকিত হৈ উঠিল। পানীত ঢৌ উঠাৰ দৰে তাইৰ হৃদয়ত দুঃশ্চিন্তাৰ ঢৌ উঠিল। চোহৰাব আচলতে শান্ত পুখুৰীৰ এটাৰ দৰে শান্ত, স্থিৰ, নিশ্চল। কোনোদিন তেওঁৰ কোনো অভিযোগ নাই - কোনো অনুযোগ নাই। কিন্তু পুখুৰীৰ নিশ্চল পানী আলোড়িত হৈ ঢৌ উঠাৰ দৰে আজি চোহাবৰ হৃদয়ত যেন প্রচণ্ড বিদ্ৰোহৰ ঢৌ উঠিছে। সেই ঢৌৰ প্ৰচণ্ডতাত যেন তেওঁ আজি অস্থিৰ হৈ উঠিছে। পিঞ্জিৰাৱদ্ধ পাখী যেন পিঞ্জৰাৰপৰা ওলাই যাবলৈ ছট্‌ফটাই আছে এনেকুৱা উপলব্ধি হ'ল তাহমিনাৰ। মাকৰ মন সন্তানৰ সামান্যতম অমংগল আশংকাতো অস্থিৰ হৈ উঠে- কেঁচুটোকে সাপটো যেন দেখে। চোহৰাবৰ অমংগল আশংকাত তাহমিনাও অস্থিৰ হৈ উঠিল। সেয়ে তাই চোহৰাবক আঁভুৱা-ভাৰিবলৈ শেষ চেষ্টা কৰি অভিযোগৰ সুৰত ক'লে- পিতৃ পৰিচয় জানিবলৈ ইমান ব্যগ্ৰ হৈছা কিয়, মই জানো তোমাক অনাদৰত ৰাখিছোঁ?

চোহৰাবে বিহ্বলৰ দৰে ক'লে- ইয়াত আদৰ অনাদৰৰ প্ৰশ্ন নাই, মা। ইয়াৰ লগত জড়িত হৈ আছে মোৰ আত্মসন্মানৰ প্ৰশ্ন। কিমানদিন আৰু মই লগ-সমনীয়াৰ ঠাট্টা-বিদ্রূপ সহ্য কৰিম? চোহৰাব দূর্ণীবিত আৰু উদ্ধত হৈ উঠিল। তেওঁ মাকৰ চকুত চকু থৈ অভিযোগৰ সুৰত সুধিলে- কোৱা মা, লগ-সমনীয়াবোৰে কোৱা কথাই তেনেহ'লে সঁচা নেকি? মই জাজনেকি, মা?

কথাষাৰ শুনাৰ লগে লগে তাহমিনাৰ মূৰত যেন সৰগ ভাগি পৰিল। নির্মেঘ আকাশত যেন মেঘ সঞ্চাৰ হ'ল। ধুমুহাৰ তাণ্ডৱ আৰম্ভ হল তাইৰ হৃদয়ত। কোনোবাই যেন চোকা অস্ত্ৰৰে হানি-খুচি তাইৰ হৃদয় ক্ষত-বিক্ষত কৰিবলৈ ধৰিলে। তাইৰ চকুৰ আগত পৃথিবীখন কুমাৰৰ চাকৰ দৰে চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। ফাট মেলা বসুমতী পাতালে লুকাওৰ দৰে অৱস্থা হ'ল তাইৰ। তাই দুহাতেৰে নিজৰ কাণ দুখন হেঁচি ধৰি লাজ-অপমানত জৰ্জৰিত হৈ তীব্ৰকণ্ঠত আৰ্তনাদ কৰি উঠিল- চোহৰাব!

চোহৰাব এনেকুৱা পৰস্থিতিৰ বাবে প্ৰস্তুত হৈয়ে আছিল। ইমৰাণৰ শ্লেষ মিহলি কথাবোৰ তেওঁৰ কাণত নিৰ্মম ভাবে ধ্বনিত-প্রতিধ্বনিত হবলৈ ধৰিলে। এজন জাৰ্জৰ লগত প্ৰেমত পৰিবলৈ লাজ লগা নাই তোৰ?' জাজ- জাজ শব্দটো নিৰ্মম ভাবে তেওঁৰ কাণত প্রতিধ্বনিত হ'বলৈ ধৰিলে। ফলত মাকৰ ব্যাকুলতাই তেওঁৰ মন টলাব নোৱাৰিলে; বৰং তেওঁক অধিক দৃঢ়হে কৰি তুলিলে। তেওঁ পুনৰ দৃঢ়কণ্ঠত সুধিলে- লগ-সমনীয়াই কোৱা কথা তেনেহ'লে সঁচা নেকি, মা? কোৱা মা, সঁচা কথা কোৱা। মোক আৰু সন্দেহৰ দুমজিয়াত নাৰাখিবা। গৌৰৱৰে হওঁক অথবা অগৌৰৱৰে হওঁক মই মোৰ পিতৃ পৰিচয় জানিব বিচাৰো।

তাহমিনা উত্তেজনাত থৰথৰকৈ কঁপিবলৈ ধৰিলে। নাই নাই, তাই আৰু চোহৰাবক সন্দেহৰ দুমজিয়াত নাৰাখে। আজি তাই প্রকৃত সত্য চোহৰাবৰ আগত প্ৰকাশ কৰিব। কথাষাৰ ভবাৰ লগে লগে তাইৰ চকুৰ আগত ভাহি উঠিল চাহৰিয়াৰৰ বেদনাচ্ছন্ন মুখৰ প্ৰতিচ্ছবি। তেওঁ যেন কৈ আছে- তাহমিনা, চোহৰাবক পিতৃ পৰিচয় নকবি। পিতৃ পৰিচয় পালেই সি তোৰ বুকু খালী কৰি গুচি যাব। তেতিয়া তোৰ গতি কি হ? স্বামীৰ ভালপোৱা নাপালি, পুত্ৰ চেনেহৰ পৰাও বঞ্চিতা হ'ব খুজিছ নেকি? পিতৃ পৰিচয় পালেই চোহৰাব তোৰ বুকু খালী কৰি ইৰাণলৈ গুচি যাব। তেতিয়া শূন্য হৈ পৰিব চামান গাঁৰ ৰাজপ্রাসাদ- শূন্য হৈ পৰিব তোৰ বুকু- ধূলিসাৎ হৈ যাব মোৰ সকলো আশা- আকাংক্ষাৰ সৌধ।

দেউতাকৰ কৰুণ বেদনাচ্ছন্ন মুখৰ প্ৰতিচ্ছবিয়েও তাহমিনাৰ মন টলাব নোৱাৰিলে। তাই হতাশ বিষণ্ণ কণ্ঠত অভিযোগৰ সুৰত ক'লে- তোক ইমান দিন বুকুৰ উমেৰে ধৰি ৰাখিছিলোঁ এই কথা শুনিবলৈ নেকি? তই যদি পিতৃ পৰিচয় জানিবলৈ ইমানেই ব্যাকুল, শুন্ তেনেহ'লে তোৰ পিতৃ পৰিচয়.........

চোহৰাবে ব্যাকুল কণ্ঠত কলে- কোৱা মা, কি মোৰ পিতৃ পৰিচয়?

তাহমিনাই গর্বিত কণ্ঠত কলে- তোৰ পিতৃ সমগ্ৰ আৰব ভূমিৰ সৰ্বশ্ৰেষ্ঠ বীৰ মহাবীৰ ৰস্তম।

ৰুস্তম নামটোৱে চোহৰাবৰ কাণত যেন মউ বৰষিলে। কস্তমৰ বীৰত্বৰ বিষয়ে ইতিমধ্যে চোহৰাব ৰূপকথাৰ দৰে বিস্ময়কৰ বহু কাহিনী লোকমুখে শুনিছে। সেইজন সর্বজন বন্দিত ৰুস্তম যে তেওঁৰ পিতৃ হ'ব পাৰে এই কথা তেওঁৰ কল্পনাৰো অগোচৰ আছিল। সেয়ে পিতৃ পৰিচয় পাই গৌৰৱত তেওঁৰ বুকু স্ফীত হৈ উঠিল।

চোহৰাবে মাকৰ ফালে সপ্রশংস দৃষ্টিৰে চাই অনুশোচনাৰ সুৰত ক'লে- তোমাক কটূ কথা কোৱাৰ কাৰণে মোক ক্ষমা কৰিবা, মা। তোমাৰ মনত দুখ দিয়াৰ কাৰণে মই দুঃখিত। কিন্তু ইয়াৰ বাহিৰে মোৰ বেলেগ উপায় নাছিললগ-সমনীয়াৰ ঠাট্টা বিদ্রূপত ম‍ই অতিষ্ঠ হৈ উঠিছিলোঁ। মই যাওঁ মা, লগ-সমনীয়াক এই সুখবৰটো দি আহোঁগৈ।

চোহৰাবে মাকৰপৰা অনুমতিলৈ ধূমুহাৰ গতিত কক্ষৰপৰা ওলাই গ'ল।

তাহমিনাই উদাস নিষ্প্রভ দৃষ্টিৰে বাহিৰলৈ চাই পঠিয়ালে। বাহিৰত স্বচ্ছ নীলা আকাশ। তাৰ মাজত এচপৰা ক'লা ডাৱৰ তাই চামান গাঁ ৰাজপ্রাসাদৰ ফালে উৰি অহা দেখিলে।

এক অজান আতংকত তাহমিনাৰ বুকু কঁপি উঠিল।

                 *        *        *

 

        

 

                                             (তেৰ)

ইৰাণৰ ৰাজপ্রাসাদ লোকে লোকারণ্য। চৌদিশে ব্যস্ততা। উৎসৱ মুখৰ পৰিৱেশ।

ইৰাণৰ কাৰণে আজি মহা গৌৰৱৰ দিন। ক'ৰবাৰপৰা এদল দিগ্বিজয়ী মৌলবী আহি ইৰাণৰ বচা বচা মৌলবীসকলক শাস্ত্ৰ তৰ্কত পৰাজিত কৰি ইৰাণৰ মান-সন্মান ধূলিস্যাৎ কৰাৰ উপক্ৰম কৰিছিল; কিন্তু ৰস্তমৰ পুত্ৰ খুৰম সেই দিগ্বিজয়ী মৌলবীসকলক শাস্ত্ৰতৰ্কত পৰাস্ত কৰি ইৰাণৰ সেই হৃত গৌৰৱ পুনৰোদ্ধাৰ কৰিছে। দেশৰ বচা বচা মৌলবীসকলে বলে নোৱাৰা কাম সম্ভৱ কৰিছে এজন পঁচিশ বছৰীয়া যুৱকে। খুৰমৰ এই সফলতাত উৎফুল্লিত হৈ বাদচাহ কায়কাউচে খুৰমৰ সন্মানাৰ্থে উৎসৱৰ আয়োজন কৰিছে।

কায়কাউচে ঘোষণা কৰিছিল যে, যিজনে দিগ্বিজয়ী মৌলবীসকলক পৰাস্ত কৰি ইৰাণৰ হৃত গৌৰৱ পুনৰোদ্ধাৰ কৰিব পাৰিব তেওঁক ইৰাণৰ শ্ৰেষ্ঠ ৰত্ন দান কৰিব। আজিৰ এই অনুষ্ঠানতে বাদচাহে আনুষ্ঠানিক ভাবে সেই প্ৰতিশ্ৰুত ৰত্ন খুৰমক দান কৰাৰ কথা। এয়াই আজি এই উৎসৱৰ কাৰণ।

গণ্য-মান্য সভাসদসকল দৰবাৰত সমাসীন। খুৰম আৰু পৰাজিত মৌলবীসকলো দৰবাৰত উপস্থিত। মহামান্য বাদচাহৰ আগমন অপেক্ষাত আটায়ে ব্যগ্ৰ ভাৱে অপেক্ষাৰত।

হঠাৎ বাদচাহৰ আগমন বার্তা ঘোষণা কৰি নহবৎ বাজি উঠিল। দৰবাৰত উপস্থিত সভাসদসকল সচকিত হৈ উঠিল। বাদচাহৰ গা ৰখীয়াসকল সষ্টম হৈ নিজৰ নিজৰ কৰ্ত্তব্য পালনৰ বাবে ব্যস্ত হৈ পৰিল ।

ধীৰ-স্থিৰ, গুৰু-গম্ভীৰ পদক্ষেপত কায়কাউচ ৰাজদৰবাৰলৈ সোমাই আহিল। আটায়ে থিয় হৈ বাদচাহৰ সন্মানাৰ্থে মূৰ দোঁৱাই অভিবাদন জনালে।

কায়কাউচে সপ্রশংস অনুসন্ধিৎসু দৃষ্টিৰে সভাসদসকলক নিৰীক্ষণ কৰি সিংহাসনত বহি গুৰু-গম্ভীৰ কণ্ঠত সভাসদসকলক সম্ভাষণ কৰি ক'লে- মহামান্য সভাসদসকল, আজি আমাৰ কাৰণে পৰম গৌৰৱৰ দিন। আজিৰ এই অনুষ্ঠানতে ম‍ই মোৰ প্ৰতিশ্ৰুত পুৰস্কাৰ খুৰমক দান কৰিম। কিন্তু তাৰ আগতে মই আমাৰ দেশৰ বচা বচা মৌলবীসকলৰ বিচাৰ কৰিব খুজিছোঁ। এই বিষয়ে ম‍ই আপোনালোকৰ মতামত জানিব বিচাৰিছোঁ।

সভাসদসকল সমবেত কণ্ঠত চিঞৰি উঠিল- হয় হয়, মৌলবীসকলৰ বিচাৰ কৰি শাস্তি বিহিব লাগে।

কায়কাউচে সভাসদসকলৰপৰা সঁহাৰি পাই ক্ষোভ মিশ্রিত আবেগৰ সৈতে আৰম্ভ কৰিলে- মাহে মাহে তখা দি আমি আমাৰ মৌলবীসকলক পুহি আছোঁ। কিন্তু সিহঁতে সেই তখা খাই শাস্ত্র অধ্যয়নৰ পৰিবৰ্তে আৰামত শুই বহি সময় কটাই সেই তনখাৰ অপব্যৱহাৰ কৰিছে। দিগ্বিজয়ী মৌলবীসকলৰ ওচৰত পৰাজয়ে আমাৰ দেশৰ মৌলবীসকলৰ সেই ফোপোলা স্বৰূপটোকে উদঙাই দেখুৱাইছে। তদুপৰি ধৰ্মৰ নামত দেশখন সাতললৈ নিয়াৰ ব্যৱস্থা কৰিছে এই মৌলবীসকলে। আগতে বেলেগ বেলেগ দেশৰপৰা বণিয়াসকল ইৰাণলৈ বাণিজ্য কৰিবলৈ আহিছিল; কিন্তু এই মৌলবীসকলৰ অত্যাচাৰত বণিয়াসকল আজি-কালি ইৰাণলৈ বাণিজ্য কৰিবলৈ নহা হৈছে। ফলত দেশৰ অৰ্থনীতি প্রভূত ক্ষতি ক্ষতিৰ সন্মুখীন হৈছে।এই কথা হয়তো আপোনালোকে নিজেও উপলব্ধি কৰিব পাৰিছে।

সেনাপতি গেও থিয়হৈ অভিবাদন জনাই ক'লে- মই এই মৌলবীসকলৰ পশ্চাদমুখী নীতিত বাধা দিয়াৰ কাৰণে এওঁলোকে মোক ধৰ্মদ্রোহী বুলি অপবাদ দিছিল, জাহাপনা। ইংৰাজসকলে আমাৰ দেশৰ মানুহৰ লগত বাণিজ্য কৰিলে আমাৰ দেশৰ মানুহৰ হেনো ধৰ্ম নষ্ট হ', এই অপপ্ৰচাৰ চলাই আছে মৌলবীসকলে।।

কায়কাউচে খঙেৰে সৈতে ক'লে- একেবাৰে অযৌক্তিক কথা। ধর্ম ইমান ঠুনুকা বস্তু নহয় যে, ইংৰাজসকল বাণিজ্য কৰিবলৈ আহিলেই ভাঙি চূৰমাৰ হৈ যাব। আচলতে এওঁলোকে দেশৰ সমৃদ্ধি কামনা নকৰে। ধৰ্মৰ দোহাই দি দেশৰ মানুহক আভুৱাভাৰি বিনা মেহনতত ভৰিৰ ওপৰত ভৰি তুলি আৰামত খাবহে বিচাৰে মাথোন এওঁলোকে।

গেওয়ে কায়কাউচক সমর্থন কৰি ক'লে- আপুনি একেবাৰে সঁচা কথা কৈছে, জাহাপনা। ধৰ্মৰ দোহাই দি এওঁলোকে ধৰ্মৰ নামত বেপাৰ কৰাৰ মতলবত আছে। এওঁলোকক বন্দীশালত ভৰাই বুকুত শিলচেপা দি ৰাখিলেহে এওঁলোকৰ উচিত শাস্তি হ', জাহাপনা।

কায়কাউচে চকু ঘোপা কৰি গেওৰ ফালে চাই ক'লে- তোমাৰ পৰামৰ্শ ম‍ই গ্ৰহণ কৰিব নোৱাৰিলোঁ, গেও। ম‍ই ভাবিছো বেলেগ কথাহে। বন্দীশালত থলে এওঁলোকক খাদ্য-পানীয় যোগান ধৰিব লাগিব। আমাৰ দেশৰ মেহনতী জনতাই মূৰৰ ঘাম মাটিত পেলাই অর্জা কষ্টোপার্জিত খাদ্য মই এওঁলোকক খুওৱাৰ পক্ষপাতি নহওঁ।

গেওয়ে পুনৰ মূৰ দোৱাই ক'লে- তেনেহ'লে এওঁলোকক কি কৰিব খুজিছে, জাহাপনা?

কায়কাউচে শান্ত কণ্ঠত ক'লে- এওঁলোকৰ মূৰ খুৰাই ইৰাণৰপৰা খেদি পঠিওৱাৰ বাবে মই আদেশ দিলোঁ। মোৰ আদেশ এই মুহূর্তে কাৰ্যকৰী কৰা হওঁক।

আদেশ পোৱাৰ লগে লগে এদল সৈনিকে মৌলবীসকলক আগুৰি ধৰিলে। মৌলবীসকল ক্ষোভ-অপমানত জৰ্জৰিত হৈ উঠিল। সিহঁতে কায়কাউচক হিয়া উবুৰিয়াই অভিসম্পাত বৰ্ষণ কৰিবলৈ ধৰিলে- ইৰাণৰ বাদচাহ নিপাত যাওঁক। ইৰাণৰ সিংহাসন শত্ৰুই দখল কৰক....... ইত্যাদি ইত্যাদি।

সভাস্থলী মৃদু গুঞ্জনত ভৰি পৰিল। কায়কাউচ ৰোষায়িত নেত্ৰত মৌলবীসকললৈ চাই খঙত দাঁত কৰচিবলৈ ধৰিলে। সৈনিকবোৰে টানি- আঁজুৰি মৌলবীসকলক দৰবাৰ কক্ষৰপৰা বাহিৰলৈ লৈ উলিয়াই লৈ গ'ল।

মৌলবীসকলক লৈ যোৱাৰ পাছত কায়কাউচ সভাসদসকলৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। এচুকত কুঁজি-মুজি বহি থকা খুৰমৰ ওপৰত তেওঁৰ দৃষ্টি নিৱদ্ধ হ'ল ।

পঁচিশ বছৰীয়া সৌম্য দৰ্শন যুৱক। শান্ত-শিষ্ট স্বভাৱ। চকুত উদাস দৃষ্টি। নাকৰ তলত তৰুণ বয়সৰ উদ্ভিন্ন গোঁফৰ ৰেখা। মুখমণ্ডলত ফুৰফুৰীয়া দাঢ়ি। পিন্ধোনত বগা পায়জামা, আচকন। মুৰত ৰুমী টুপী। চকু-মুখত বুদ্ধিদীপ্ত দৃষ্টি। খুৰৰ্মৰ ফালে চাই কায়কাউচৰ বুকুখন গর্বত ফুলি উঠিল। তেওঁ সপ্রশংস দৃষ্টিৰে খুৰমৰ ফালে চাই পুনৰ সভাসদসকলৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি ক'লে- আমাৰ দেশৰ তখা ভোগী মৌলবীসকলে যি কাম কৰিব নোৱাৰিলে সেই অসাধ্য সাধন কৰিলে এজন পঁচিশ বছৰীয়া যুৱকে। দিগ্বিজয়ী মৌলবীসকলক পৰাজিত কৰি আমাক চৰম অপমানৰ পৰা ৰক্ষা কৰিছে এই যুৱকজনে। আমাৰ অতি গৌৰৱৰ বিষয় যে, সেই অসাধ্য সাধন কৰা যুৱকজন আন কোনো নহয়, তেওঁ আমাৰ দেশৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধা মহাবীৰ ৰুস্তমৰ পুত্ৰ, খুৰম।

সকলোৰে চকু গ'ল খুৰমৰ ফালে। খুৰমে লাজত তলমূৰ কৰিলে।

কায়কাউচে প্ৰসন্ন দৃষ্টিৰে খুৰমৰ ফালে চাই পুনৰ আৰম্ভ কৰিলে- মই খুৰমৰ প্ৰতি খুবেই প্ৰসন্ন। এতিয়া ম‍ই মোৰ প্ৰতিশ্ৰুত পুৰস্কাৰ খুৰমলৈ আগবঢ়াব খুজিছো।

সেনাপতি গেও থিয় হৈ ক'লে- আদেশ কৰক জাহাপনা, কি ৰত্ন আনিব লাগে। ম‍ই তেতিয়াই গৈ ৰাজভঁড়ালৰপৰা সেই ৰত্ন লৈ আহোঁগৈ৷

কায়কাউচে ভ্রূকুটি মিশ্রিত দৃষ্টিৰে গেওৰ ফালে চাই তিৰস্কাৰৰ সুৰত ক'লে- ইৰাণৰ শ্ৰেষ্ঠ ৰত্ন ৰাজ ভড়ালত নাই মূৰ্খ; সেই ৰত্ন আছে হেৰেমৰ মণিকোঠাত আৰু সেই ৰত্নৰ নাম চাহজাদী ঝুমুৰ। মই চাহজাদী ঝুমুৰকে খুৰমৰ হাতত গতোৱাৰ সিদ্ধান্ত লৈছোঁ।

কায়কাউচৰ ঘোষণা শেষ হোৱাৰ লগে লগে মৃদু গুঞ্জনত দৰবাৰ কক্ষ মুখৰ হৈ উঠিল। সকলোৱে বাদচাহৰ বদান্যতাৰ প্ৰশংসা কৰিবলৈ ধৰিলে- জয় জাহাপনাৰ জয় .........জয় খুৰমৰ জয়...

ইফালে খুৰম নির্বাক নিস্পন্দ। কায়কাউচৰ ঘোষণা আৰু সভাসদসকলৰ জয়ধ্বনি শুনি তেওঁৰ মুখমণ্ডল থমথমীয়া হৈ উঠিল। তেওঁ বহাৰপৰা উঠি কায়কাউচৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ কৰি উঠিল- ই অসম্ভৱ জাহাপনা, তেজ মঙহৰ মানুহ কেতিয়াও ইৰাণৰ শ্ৰেষ্ঠ ৰত্ন হব নোৱাৰে। তদুপৰি ম‍ই চাহজাদীৰ যোগ্যও নহওঁ। চাহজাদী যি লাহ-বিলাহৰ মাজত প্ৰতিপালিত হৈছে তেনে কোনো সুযোগে নাই আমাৰ পৰ্ণ কুটীৰত। জাহাপনা, আপুনি এই আদেশ প্রত্যাহাৰ কৰি মোক বেলেগ কোনো বস্তু দিয়ক। ম‍ই হাঁহি মুখে ঘৰলৈ লৈ যাওঁগৈ৷

খুৰমৰ অহমিকাত দৰবাৰ কক্ষ স্তব্ধ হৈ পৰিল। উৎসৱ মুখৰ দৰবাৰ কক্ষত মৰিশালিৰ নিস্তব্ধতা বিৰাজ কৰিবলৈ ধৰিলে। সভাসদসকলে মনে মনে ভাবিবলৈ ধৰিলে- এই অর্বাচীনে কয় কি? বাদচাহৰ অনুগ্ৰহৰ দান অগ্রাহ্য? চাহজাদীৰ পাণিগ্ৰহণ কৰাতো খুৰমৰ কাৰণে পৰম সৌভাগ্যৰ কথা! খুৰমৰ মতিভ্ৰম হোৱা নাইতো? নহ'লে সি এনেকুৱা ধৃষ্টতা কৰাৰ সাহস পালে ক'ৰপৰা? সভাসদসকলে এবাৰ কায়কাউচ আৰু এবাৰ খুৰমৰ ফালে আতংকিত ও কৌতূহলী দৃষ্টিৰে চাবলৈ ধৰিলে।

ইফালে খুৰমৰ অহমিকাত কায়কাউচ ক্ষুব্ধ হৈ উঠিল আৰু তেওঁৰ আনন্দোজ্জ্বল মুখমণ্ডল শ্লেষ ও প্রতিহিংসাত হিংস্ৰ হৈ উঠিল।। তথাপি তেওঁ নিজক সংযত কৰি চকু বিস্ফাৰিত কৰি খুৰমৰ ফালে চাই সুধিলে- তোমাৰ মতে ইৰাণৰ শ্ৰেষ্ঠ ৰত্ন কি বুলি ভাবা তুমি ?

খুৰমে কায়কাউচৰ বিস্ফাৰিত দৃষ্টিৰ সন্মুখত নিজক চম্ভালি লৈ ক'লে- কোৰাণ চৰীফ, জাহাপনা। কোৰাণ চৰীফ মাথোন ইৰাণৰে শ্ৰেষ্ঠ ৰত্ন নহয়, ই সমগ্ৰ বিশ্বৰে শ্ৰেষ্ঠ ৰত্ন। মোক এখন কোৰাণ চৰীফ দিয়ক, ম‍ই মূৰত লৈ হাঁহি মুখে ঘৰলৈ যাওঁগৈ।

কায়কাউচে বিপন্ন ভাবে ক'লে- চোৱা খুৰম, তোমাৰ দেউতাৰা ৰুস্তমৰ পৰাক্ৰমতে ইৰাণৰ স্বাধীনতা অক্ষুণ্ণ হৈ আছে। ৰস্তমে ইৰাণৰ কাৰণে যিখিনি কৰিছে সেই অনুপাতে আমি ৰস্তমৰ কাৰণে একোকে কৰিবপৰা নাই। মানুহে ৰুস্তমকে ইৰাণৰ মুকুটবিহীন বাদচাহ জ্ঞান কৰে। ৰুস্তমৰ পুত্ৰ বুলিয়ে মই তোমাক এইখিনি অনুগ্ৰহ কৰিব খুজিছোঁ। তোমাৰ পাণ্ডিত্যত ম‍ই অভিভূত। তুমি চাহজাদীৰ কোনো দায়িত্বই ল'ব নালাগে। চাহজাদীৰ সকলো দায়িত্ব মোৰ। এনেকি তোমাৰ দায়িত্বও মোৰ। তুমি মাথোন চাহজাদীক গ্রহণ কৰি মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সুযোগ দিয়া।

তথাপি খুৰম নিজৰ মতত অচল-অটল হৈ থাকিল। বাদচাহৰ আবেগিক ভাষণেও তেওঁৰ অন্তৰত ৰেখাপাত কৰিব নোৱাৰিলে। তেওঁ পুনৰ প্রতিবাদ কৰি উঠিল- ক্ষমা কৰিব, জাহাপনা। ই কেতিয়াও সম্ভৱ নহয়। চাহজাদীক গ্রহণ কৰিবলৈ মই অক্ষম।

খুৰমৰ অহমিকাত কায়কাউচে অপমান বোধ কৰি সিংহৰ দৰে গৰ্জি উঠিল- তুমি চাহজাদীক গ্ৰহণ কৰিবই লাগিব, এয়া মোৰ আদেশ।

খুৰমে কায়কাউচৰ সুৰতে সুৰ মিলাই ক'লে- আপোনাৰ অন্যায় আদেশ মই পালন কৰিব নোৱাৰিম, জাহাপনা। মোক ক্ষমা কৰিব।

লাজ, ক্ষোভ, অপমানত কায়কাউচৰ শিৰা-উপশিৰা স্ফীত হৈ উঠিল। তেওঁ হিতাহিত জ্ঞান হেৰুৱাৰ উপক্ৰম হ'ল। তেওঁ কোনোমতে নিজক চম্ভালিলৈ দৃঢ়কণ্ঠত কলে- তোমাৰ সাহসতো কম নহয়! তোমাক ম‍ই দুদিন ভাবিবলৈ সময় দিলোঁ। এই দুদিন ভাবি-চিন্তি তুমি তোমাৰ সিদ্ধান্তৰ কথা মোক জনাবা। যদি চাহজাদীক গ্ৰহণ কৰা তেনেহ'লে তুমি ইৰাণৰ সিংহাসনো পাবা আৰু যদি অসন্মত হোৱা তেনেহ'লে তোমাৰ প্ৰাণদণ্ড হ'ব। দুদিন পাছত তোমাৰ মতামত মোক জনাবা ।

প্রাণদণ্ডাদেশৰ কথা শুনিও খুম বিচলিত নহ'ল। ক'লে তেওঁ- আপুনি প্ৰাণদণ্ড দিবলৈ কোন? আল্লাহৰ ইচ্ছা নাথাকিলে প্রাণদণ্ড কিয় আপুনি মোৰ কেশাগ্রও স্পৰ্শ কৰিব নোৱাৰিব। আৰু যদি আপোনাৰ হাততে মোৰ মৃত্যু লেখা থাকে তেনেহ'লে পাতালত গৈ লুকালেও কোনেও মোক ৰক্ষা কৰিব নোৱাৰিব৷

কায়কাউচ খঙত জ্বলি উঠিল- যোৱা, তোমাৰ প্ৰগভলতা মই শুনিব নুখুজো। এই মুহূর্তে তুমি দৰবাৰ কক্ষ ত্যাগ কৰা।

কোনো ধৰণৰ প্ৰতিবাদ নকৰি খুৰৰ্ম দৰবাৰ কক্ষৰপৰা ওলাই গ'ল। ৰোষায়ত দৃষ্টিৰে কায়কাউচ খুৰমৰ অপসৃয়মান দেহৰ ফালে চাই ৰ'ল। কেইটামান মুহূৰ্তৰ নিস্তব্ধতাৰ পাছত দৰবাৰ কক্ষ পুনৰ মুখৰ হৈ উঠিল।

সেনাপতি গেও কোনোমতে সাহস সঞ্চয় কৰি ক'লে- জাহাপনা, অপৰাধ মার্জনা কৰিব। খুৰমৰ ইচ্ছাৰ বিৰুদ্ধে চাহজাদীক তাৰ হাতত তুলি দিয়াটো জানো উচিত হ'? চাহজাদীতো পেলনীয়া বস্তু নহয়।

কায়কাউচে ভ্রূ কুঞ্চিত কৰি গেওৰ ফালে চাই কলে- মোৰ আদেশ অলংঘনীয়। সি যদি চাহজাদীক গ্ৰহণ কৰিবলৈ সন্মত নহয় তেনেহ'লে তাৰ মৃত্যু নিশ্চিত। ইয়াত কোনো ধৰণৰ আপোচ কৰা নহ'ব।

কিন্তু জাহাপনা, খুৰম ৰস্তমৰ পুত্ৰ। গেওৱে উপদেশৰ সুৰত ক'লে।

ম‍ই জানো।

জাহাপনা, ৰস্তমৰ পৰাক্ৰমতে ইৰাণ বহিঃশত্ৰুৰ কবলৰপৰা ৰক্ষা হৈ আছে। বহুদিনৰপৰা তুৰস্কৰ বাদচাহ আবচাৰিয়াব শেন দৃষ্টি মেলি ইৰাণৰ ফালে চাই আছে। একমাত্ৰ ৰুস্তমৰ ভয়তে তেওঁ ইৰাণ আক্ৰমণ কৰিবলৈ সাহস গোটাব পৰা নাই। এনেস্থলত ৰুস্তমক জোকাই লোৱাটো জানো উচিত হ', জাহাপনা?

কায়কাউচে নিৰ্বিকাৰ ভাবে ক'লে- খুৰমে যদি চাহজাদীক গ্ৰহণ কৰিবলৈ সন্মত নহয়, খুৰমৰ প্ৰাণদণ্ডৰ আদেশো কস্তমেই কাৰ্যকৰী কৰিব লাগিব। এয়াও মোৰ হুকুম।

কায়কাউচৰ সিদ্ধান্তৰ কথা শুনি দৰবাৰ কক্ষ কাঁহ পৰি জীন গ'ল। সভাসদসকল ভয়ত সন্ত্ৰস্ত হৈ উঠিল। এয়া জাহাপনাৰ কি অন্যায় আদেশ? পিতৃক পুত্ৰ হত্যাৰ আদেশ! ই কেনে আত্মঘাতী খেয়াল? এইবোৰ কথা গুণাগঁথা চলি থাকোঁতেই কস্তম ব্যস্তভাবে দৰবাৰ কক্ষলৈ সোমাই আহিল।

তেওঁ কায়কাউচক উদ্দেশ্য কৰি ক'লে- জাহাপনা, খুৰম আপোনাৰ আদেশ অমান্য কৰাৰ কাৰণে ম‍ই মর্মাহত। আপুনি দুদিন ধৈর্য ধৰক, ম‍ই খুৰমক বুজাই-বঢ়াই চাহজাদীক গ্ৰহণ কৰিবলৈ সন্মত কৰাম, জাহাপনা।

বাৰু, দুদিন নহয়- তিনিদিন সময় দিলোঁ তোমাক। এই তিনিদিনৰ ভিতৰত যদি তুমি খুৰ্মক সন্মত কৰাব নোৱাৰা তেনেহ'লে তাৰ মৃত্যু নিশ্চিত আৰু সেই মৃত্যু দণ্ডাদেশ কার্যকৰী কৰাৰ দায়িত্বও তুমিয়ে পালন কৰিব লাগিব।

কায়কাউচৰ সিদ্ধান্তৰ কথা শুনি ৰুস্তম শৰবিদ্ধ হৰিণৰ দৰে আৰ্তনাদ কৰি উঠিল- জাহাপনা!

কায়কাউচে দৃঢ়কণ্ঠত ক'লে- এয়া ৰাজাদেশ। ৰাজাদেশ অলংঘনীয়। যোৱা, তুমি খুৰমক বুজাই-বঢ়াই চাহজাদীক গ্ৰহণ কৰিবলৈ সন্মত কৰোৱাগৈ।

ৰুস্তমে আহত কণ্ঠত ক'লে- সেয়ে হ', জাহাপনা। আপোনাৰ আদেশ মোৰ কাৰণে খোদা তায়ালাৰ আদেশ, জাহাপনা।

ৰুস্তম চিন্তাক্লিষ্ট ভাবে দৰবাৰ কক্ষৰপৰা ওলাই গ'ল৷

সেনাপতি গেও বিচলিত হৈ উঠিল। তেওঁ কোনোমতে সাহস সঞ্চয় কৰি ক'লে- পিতৃৰ হাতত পুত্ৰৰ মৃত্যু দণ্ডাদেশ কার্যকৰী কৰাৰ দায়িত্ব অর্পণ কৰাটো জানো উচিত হ', জাহাপনা?

কায়কাউচে বিৰক্তি ভৰা দৃষ্টিৰে গেওৰ ফালে চাই ক'লে- তুমি এইবোৰ নুবুজিবা, গেও। এটা কথা জানি থোৱা, ৰস্তুমে খুৰমৰ প্ৰতি তৰোৱাল উত্তোলন কৰিলেও আঘাত হানিব নোৱাৰে।

গেও কিছু পৰিমাণে উত্তেজিত হৈ উঠিল। তেওঁ আবেগিক কণ্ঠত ক'লে- গোলামৰ অপৰাধ মার্জনা কৰিব, জাহাপনা। আপুনি কস্তমৰ স্বভাৱৰ বিষয়ে নাজানে। আপোনাৰ আদেশ পালে তেওঁ নিজৰ মূৰ কাটিও আপোনাৰ চৰণত উছৰ্গা কৰিব পাৰিব।

কায়কাউচে পুনৰ বিৰক্তি ভৰা কণ্ঠত কলে- আঃ গেও! এয়া ৰাজনীতিৰ খেল। এইবোৰ তুমি নুবুজিবা। এইদৰে কৈয়ে তেওঁ সভাসদসকলক উদ্দেশ্য কৰি ক'লে- আজিৰ কাৰণে দৰবাৰ ভংগ।

কায়কাউচ দপদপাই দৰবাৰ কক্ষৰপৰা ওলাই গ'ল।

সভাসদসকলেও চিন্তাক্লিষ্ট ভাৱে দৰবাৰ কক্ষ ত্যাগ কৰিবলৈ ধৰিলে

            *         *        *

 

                                        (চৈধ্য)

ৰুস্তম ৰাজদৰবাৰৰপৰা ওলাই উদ্‌ভ্ৰান্তৰ দৰে পোনে পোনে ঘৰৰ ফালে খোজ ল'লে। তেওঁৰ কাণত কায়কাউচে কোৱা কথাবোৰ অহৰহ ধ্বনিত-প্রতিধ্বনিত হ'বলৈ ধৰিলে। পিতৃৰ প্ৰতি পুত্ৰৰ প্ৰাণদণ্ডৰ আদেশ! ই কেনে নিষ্ঠুৰ আদেশ! এয়া ৰুস্তমৰ প্ৰভূ ভক্তিৰ পৰীক্ষা, নে কায়কাউচৰ স্বেচ্ছাচাৰিতাৰ চৰম নিদর্শন? নে তেওঁৰ প্ৰতি কায়কাউচৰ অযাচিত অনুগ্রহ? এইদৰে নানা ভাৱনাই একুৰিয়ামৰ মাছৰ দৰে ৰস্তমৰ মনত তল-ওপৰ কৰিবলৈ ধৰিলে।

ৰুস্তমে ভাবিবলৈ ধৰিলে, কি কৰা নাই তেওঁ ইৰাণৰ কাৰণে? যৌৱনৰ সোণালী দিনবোৰ তেওঁ দেশৰ সেৱাতেই উছৰ্গা কৰিছে। ইৰাণৰ স্বাধীনতা ৰক্ষাৰ কাৰণে তেওঁ ওৰেটো জীৱন যুদ্ধ-বিগ্রহ লৈয়ে ব্যস্ত থাকিবলগীয়া হৈছে। পৰিয়াল বা নিজৰ কাৰণে ভবাৰ অকণো সুবিধা পোৱা নাই তেওঁ।

কায়কাউচ স্বেচ্ছাচাৰী। তেওঁৰ স্বেচ্ছাচাৰিতাৰ কাৰণে দেশৰ ভিতৰে-বাহিৰে শত্ৰুৰ অভাৱ নাই। ইটোৰ পাছত সিটো যুদ্ধ অনবৰত লাগিয়ে আছে। ৰস্তমৰ বাহুবলৰ কাৰণেই ইৰাণ ইমান দিন শত্ৰুৰ পদানত নোহোৱাকৈ তিষ্ঠি আছে। তেওঁ পিঠি দিলেই ইৰাণৰ স্বাধীনতা চিৰদিনৰ বাবে অস্তমিত হোৱাটোশএক প্ৰকাৰ নিশ্চিত।

ইৰাণৰ স্বাধীনতা ৰক্ষাৰ কাৰণে ৰুস্তম প্রতিজ্ঞাৱদ্ধ। দেউতাক জালে যেতিয়া ইৰাণৰ স্বাধীনতা ৰক্ষাৰ ভাৰ তেওঁৰ হাতত তুলি দিছিল তেতিয়া তেওঁ দেউতাকে দিয়া তৰোৱাল স্পৰ্শ কৰি শপত খাই কৈছিল, তেওঁৰ বাহুত বল আৰু দেহত শেষ বিন্দু তেজ থকালৈকে তেওঁ ইৰাণৰ স্বাধীনতা সূর্য অস্তমিত হ'বলৈ নিদিয়ে। নিজৰ জীৱন বিপন্ন কৰি হ'লেও তেওঁ ইৰাণৰ স্বাধীনতা আৰু বাদচাহৰ জীৱন ৰক্ষা কৰিব। যিমান কঠোৰেই নহঁওক কিয়, তেওঁ কেতিয়াও ৰাজাদেশ লংঘন নকৰে। নিজৰ স্বাৰ্থ, পৰিয়ালৰ স্বাৰ্থতকৈও দেশৰ স্বাৰ্থক তেওঁ সদায় উর্দ্ধত স্থান দিব। প্রতিজ্ঞা মতেই তেওঁ ইমানদিনে নিজৰ কৰ্ত্তব্য পালন কৰি আহিছে। তেওঁৰ এই বদান্যতাৰ পুৰস্কাৰ হিচাপে বাদচাহে তেওঁক এই মর্মান্তিক আঘাত হানিবলৈ উদ্যত হৈছে নেকি বাৰু?

কথাবোৰ ভাবোঁতেই কায়কাউচৰ প্ৰতি ৰস্তমৰ হিংস্ৰ আক্রোশ ধূমায়িত হৈ উঠিল। দুঃসহ বেদনাৰ অনুভূতিয়ে তেওঁৰ হৃদয় থকা-সৰকা কৰিবলৈ ধৰিলে। কিন্তু কেইটামান মুহূর্ত পাছতে তেওঁৰ ভাৱনাই বেলেগ ৰূপ ল'লে৷

কায়কাউচৰ ল'ৰা সন্তান নাই। চাহজাদী ঝুমুৰেই তেওঁৰ একমাত্ৰ সন্তান। কায়কাউচৰ মৃত্যুৰ পাছত চাহজাদী ঝুমুৰেই হ'ব সিংহাসনৰ উত্তৰাধিকাৰী। সেই ফালৰপৰা চাহজাদীৰ পাণিগ্ৰহণ কৰিলে খুৰমেই হ'ব ইৰাণৰ ভৱিষ্যত ভাগ্য নিয়ন্তা।

তিনি পুৰুষ ধৰি ৰুস্তমহঁতে ইৰাণৰ বিজয়ধ্বজা বহন কৰি আছে। কস্তমৰ আতাক শ্বেতদৈত্য, দেউতাক জাল আৰু জালৰ পাছত তেওঁ নিজে ইৰাণৰ স্বাধীনতা ৰক্ষাৰ বাবে জীৱন পাত কৰি আছে।

আচলতে কস্তমেইতো ইৰাণৰ মুকুট বিহীন বাদচাহ। এই কথা সততে ইৰাণৰ জনসাধাৰণে কোৱা-মেলা কৰে। আজি বাদচাহে এই কথা সভাসদসকলৰ সম্মুখত নিজেই স্বীকাৰ কৰিলে। এইবোৰ কাৰণতে হয়তো বাদচাহে খুৰমৰ প্ৰতি এইখিনি অনুগ্ৰহ কৰিব খুজিছে। খুৰমে চাহজাদীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিহে অনর্থ সৃষ্টি কৰিছে।

কায়কাউচৰ প্ৰতি যি ক্ষোভ-আক্রোশৰ ধূম্রজাল ধূমায়িত হৈ উঠিছিল এইবোৰ কথা ভবাৰ পাছত তেওঁৰ মনৰপৰা সেই ধূম্রজাল নিমিষতে শীতৰ কুঁৱলিৰ দৰে উৰি গ'ল। সকলো ক্ষোভ গৈ অৱশেষত খুৰমৰ ওপৰত কেন্দ্ৰীভূত হ'ল।

ৰুস্তমৰ বৰ্তমান বয়স হৈছে। দেহৰ বলো পৰি আহিবলৈ আৰম্ভ কৰিছে। তেওঁৰ পাছত ইৰাণৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত তেওঁৰ এজন উত্তৰাধিকাৰীৰ বিশেষ প্রয়োজন। তেওঁ আশা কৰিছিল, খুৰমকে তেওঁৰ যোগ্য উত্তৰাধিকাৰী হিচাপে গঢ়ি তুলিব। কিন্তু খুৰম ল'লে অন্যবাট। সি গ'ল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। খুম শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যোৱাৰ পাছত তেওঁ আশা কৰিছিল তাহমিনাৰ গৰ্ভত পুত্ৰ সন্তান হ'লে তাৰ হাততে ইৰাণৰ স্বাধীনতা ৰক্ষাৰ দায়িত্ব অর্পণ কৰি তেওঁ নিজে অৱসৰ গ্ৰহণ কৰিব। কিন্তু তাহমিনাৰ গৰ্ভত হ'বলৈ পালে কন্যা সন্তানহে। বৰ্তমান কদমৰ ওপৰতে তেওঁৰ সকলো আশা ভৰসা। খুম যেনেকৈ মাকৰ ভক্ত, কদম তেনেকৈ পিতৃৰ ভক্ত। কদমে তেওঁৰ বাটকে ল'ব বুলি ৰস্তম দৃঢ় নিশ্চিত। বাৰ বছৰ বয়সতে কদমৰ গাত সেইবোৰ লক্ষণ ফুটি উঠিবলৈ আৰম্ভ কৰিছে। অধ্যয়নতকৈ যুদ্ধবিদ্যাৰ প্ৰতিয়ে তাৰ আগ্ৰহ অধিক; কিন্তু কদমক উপযুক্ত কৰি গঢ়ি তুলিবলৈ কমেও আৰু দহ-বাৰ বছৰ বাট চাব লাগিব। কিন্তু ইমান দিনলৈ জানো তেওঁৰ দেহৰ বল অটুট ৰখাটো সম্ভৱ হ'?

এইবোৰ কাৰণতে আগৰে পৰাই খুৰমৰ প্ৰতি ৰুস্তমৰ ক্ষোভৰ ভাৱ এটা আছিল। আজিৰ ঘটনাৰ পাছত সেই ক্ষোভেই প্রচণ্ড বিদ্বেষৰ ৰূপ ল'লে।

ৰুস্তম ইৰাণৰ বাদচাহৰ অন্ধ ভক্ত। তেওঁৰ কাৰণে ইৰাণৰ বাদচাহৰ আদেশ স্বয়ং খোদা তায়ালৰ আদেশ তুল্য। পুত্ৰৰ প্ৰাণতো তুচ্ছ কথা; বাদচাহে বিচাৰিলে তেওঁ নিজৰ প্ৰাণো হাঁহিমুখে বিসর্জন দিব পাৰে।

ৰস্তমে ভাবিবলৈ ধৰিলে, ৰাজাদেশ উলংঘা কৰা দেশদ্রোহীতাৰ সমতুল্য অপৰাধ। খুৰম দেশদ্রোহী। তাৰ একমাত্ৰ শাস্তি প্রাণদণ্ড। সি যদি চাহজাদীক গ্ৰহণ কৰিবলৈ সম্মত নহয় তেওঁ নিজ হাতেই খুৰমৰ শিৰশ্ছেদ কৰিব। এয়াই হ'ব দেশদ্রোহীৰ চৰম শাস্তি।

কিন্তু কথাটো ভবাৰ লগে লগে কস্তমৰ হৃদয় কঁপি উঠিল কিয়? নিজ হাতে পুত্ৰৰ শিৰশ্ছেদ কৰিব লাগিব বুলি নেকি? তেওঁ নিজৰ হাত দুখন চকুৰ আগত মেলি ধৰিলে। দুখন মাংসল বলিষ্ঠ হাত। এই দুখন হাতেৰে তেওঁ অগনন শত্ৰুৰ শিৰশ্ছেদ কৰিছে। তেতিয়াতো তেওঁৰ হাত কঁপা নাই? হৃদয় বিচলিত হোৱা নাই? কিন্তু আজি পুত্ৰ হত্যাৰ কথা ভাবোঁতেই তেওঁৰ হৃদয় বিচলিত হৈ উঠিছে কিয়? নাই নাই, তেওঁ যিকোনো উপায়ে চাহজাদীক গ্রহণ কৰিবলৈ সম্মত কৰাব লাগিব খুৰমক। পুত্ৰ হত্যাৰ দৰে অপৰাধৰপৰা তেওঁ নিজক ৰক্ষা কৰিব লাগিব।

এইবোৰ কথা ভাবি ভাবি যন্ত্রচালিতৰ দৰে ৰুস্তম আহি ঘৰ পালেহি। কোনো ফালে লক্ষ্য নকৰি পোনে পোনে তেওঁ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰৰ ভিতৰত ফাতিমাই ৰস্তমৰ ফটা কাপোৰ এখন চিলাই কৰি আছিল। ফাতিমাই কাম বন্ধ কৰি ৰস্তমৰ ফালে চালে। ৰস্তমৰ মুখমণ্ডল থমথমীয়া। চিন্তাক্লিষ্ট বিধ্বস্ত। দৃষ্টিত অশুভ বার্তা প্রচ্ছন্ন। চকু-মুখত উত্তেজিত ভাৱ বিৰাজমান। ফাতিমাই ৰস্তমৰ উত্তেজনাৰ কাৰণো উপলব্ধি কৰিব পাৰিলে। অলপ আগতে খুৰম আহি ৰাজদৰবাৰত হোৱা বাদানুবাদৰ কথা ইতিমধ্যে তাইক কৈ গৈছে। খুৰমৰ সেই ধৃষ্টতাৰ কাৰণেই হয়তো বাদচাহে ৰস্তমক কটূ কথা শুনাইছে। তাৰ ফলতে হয়তো ৰস্তমৰ এই উত্তেজিত বিধ্বস্ত চেহেৰা ।

ৰস্তম সাধাৰণতে শান্ত ধীৰ-স্থিৰ। কিন্তু হঠাৎ উত্তেজিত হৈ উঠিলে বাহ্যিক জ্ঞান হেৰাই পেলায়দেহৰ তেজ টগবগকৈ ফুটেশিৰা-উপশিৰা স্ফীত হৈ উঠে। ফলত ৰুস্তমৰ লগত কটোৱা ত্ৰিশ বছৰীয়া দাম্পত্য জীৱনৰ অভিজ্ঞতাই তাইক শংকিত কৰি তুলিলে। ফাতিমাই ঘটনাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি বিচলিত কণ্ঠত সুধিলে- কি হ'? আপোনাক ইমান বিচলিত দেখা গৈছে কিয়? আহিল ক'ৰ পৰা?

ফাতিমাই একেলগে কৰা প্ৰশ্নকেইটাৰ উত্তৰত ৰস্তমে ক্ষোভেৰে সৈতে ক'লে- শুনিছানে তোমাৰ গুণধৰ পুত্ৰৰ কাণ্ডৰ কথা? পাষণ্ডই বাদচাহৰ অনুগ্ৰহৰ দান প্রত্যাখান কৰি তেওঁক অপমান কৰি আহিছে।

ফাতিমা আচলতে খুৰমৰ এই ব্যৱহাৰত প্ৰসন্ন। তাইৰ মতে অহংকাৰী বাদচাহৰ দৰ্প চূৰ্ণ কৰি ঠিকেই কৰিছে খুৰমে। সেয়ে তাই খুৰমক সমর্থন কৰি ক'লে- খুৰমে ঠিকেই কৰিছে। ইমানদিনে আপুনি যি কাম কৰিবপৰা নাই, সেই কাম আজি খুৰমে কৰি আহিছে। বাদচাহ স্বেচ্ছাচাৰি- অকৃতজ্ঞ। চাহজাদীৰ দেহতো প্রবাহিত হৈ আছে সেই একেই তেজৰ ধাৰা। স্বেচ্ছাচাৰী বংশৰ এজনী ছোৱালীক ম‍ই কেতিয়াও পুত্রবধূ ৰূপে মানি ল'ব নোৱাৰো। গতিকে খুৰমৰ এই সিদ্ধান্তত ম‍ই গর্বিত।

ফাতিমাৰ মন্তব্যত কস্তম উত্তেজিত হৈ উঠিল। তেওঁ নিজৰ কুৎসা সহ্য কৰিব পাৰে; কিন্তু কায়কাউচৰ বিৰুদ্ধে কোনোবাই সামান্যতম কটু বাক্য প্রয়োগ কৰিলেও তেওঁ সহ্য কৰিব নোৱাৰা হয়। সেয়ে তেওঁ ফাতিমাৰ মন্তব্যৰ বিৰোধিতা কৰি উত্তেজিত কণ্ঠত ক'লে- ফাতিমা, বাদচাহৰ বিৰুদ্ধে সামান্যতম কটূ কথা প্রয়োগ কৰিলেও তুমিযে মোৰ স্ত্ৰী সেই কথা ম‍ই পাহৰি যাম।

ফাতিমাই জানে, ৰুস্তম উত্তেজিত হ'লে উত্তেজিত হৈয়ে তেওঁক শান্ত কৰিব লাগে। সেয়ে তাই আগতকৈও উচ্চকণ্ঠত তিৰস্কাৰৰ সুৰত ক'লে- জানো, আপুনি বাদচাহৰ নিকিনা গোলাম। আপোনাৰ ওচৰত স্ত্রী-পুত্ৰতকৈও স্বেচ্ছাচাৰী ইৰাণৰ বাদচাহ বহু উৰ্দ্ধত। অধিক আপোন। আপুনি বাদচাহৰ নিকিনা গোলাম হ'ব পাৰে; কিন্তু মই নহওঁ- আপোনাৰ সন্তানো নহয়। খুৰমৰ ইচ্ছাৰ বিৰুদ্ধে তাৰ হাতত চাহজাদীক গতাব খুজিছে, এয়া জানো বাদচাহৰ চৰম স্বেচ্ছাচাৰিতাৰ নিদৰ্শন নহয়?

'লেও তেওঁ বাদচাহ আৰু আমি তেওঁৰ প্ৰজা। বাদচাহৰ হুকুম অমান্য কৰা ঘোৰতৰ অপৰাধ। কস্তমে এইদৰে মন্তব্য কৰি ক'লে- তিনিদিন সময় দিলো তোমাক। এই তিনিদিনৰ ভিতৰতে তুমি খুৰ্মক বুজাই-বঢ়াই সম্মত কৰাবা। নহ'লে বাদচাহৰ আদেশত ম‍ই খুৰ্মক হত্যা কৰিবলৈ বাধ্য হএইদৰে উষ্মা প্রকাশ কৰি ৰুস্তমে হাতযোৰ কৰি ক'লে- মই তোমাক কাবৌ কাৰিছো, ফাতিমা। তুমি মোক পুত্রহত্যাৰ দৰে অপৰাধৰপৰা ৰক্ষা কৰা। এটি কথা জানি থোৱা লোৰ লগত কাঁচৰ সংঘৰ্ষ হ'লে, কাচেই ভাঙ্গি চূৰমাৰ হয়; কিন্তু লোৰ কোনো ক্ষতি নহয়।

ফাতিমাৰ উত্তৰলৈ অপেক্ষা নকৰি ৰুস্তম হতাশভাবে ঘৰৰ ভিতৰৰপৰা ওলাই গ'ল।

ৰুস্তম ওলাই যোৱাৰ পাছত ফাতিমাই চিন্তাক্লিষ্ট ভাবে পুনৰ কাপোৰ চিলাই কৰিবলৈ ধৰিলে। ক্ষন্তেক পাছতে জাল ঘৰৰ ভিতৰলৈ সোমাই আহিল। তেওঁৰ চকু-মুখত উদ্বেগ কাতৰতা বিৰাজ কৰি আছিল।

প্রবাদ আছে, জাল কেঁচুৱাৰ পৰা কৈশোৰলৈকে ঈগলৰ বাহত ডাঙৰ-দীঘল হৈছিল। কেঁচুৱা অৱস্থাত চোতালত খেলি থকা অৱস্থাত হঠাৎ ক'ৰবাৰ পৰি এটা ঈগল উৰি আহি উপাদেয় খাদ্য বুলি ভাবি তাক থাপ মাৰি ধৰিলৈ উৰা মাৰিছিল। ঈগলৰ বাহ আছিল জনবসতিৰপৰা বহু নিলগৰ এখন গভীৰ অৰণ্যত। সৌভাগ্যবশতঃ ঈগলটোৱে তাক ভক্ষণ কৰা নাছিল। নিজৰ পোৱালিকেইটাৰ লগতে তাকো তুলি-তালি ডাঙৰ কৰিছিল ।

বাৰ বছৰ বয়সলৈকে সি ঈগলৰ বাহতে কটায়। ডাঙৰ হৈ অহাৰ লগে লগে তাৰ মনত মানৱীয় অনুভূতি জাগ্ৰত হোৱাত সি ঈগলৰ বাহত নিসংগতা অনুভৱ কৰিবলৈ ধৰে আৰু এটা সময়ত সি মাক-দেউতাকক বিচাৰি গভীৰ অৰণ্যৰপৰা ওলাই আহেজালৰ দেউতাক শ্বেত দৈত্য ইৰাণৰ প্ৰধান সেনাপতি আছিল। যৌৱন কালত জালো ইৰাণৰ সৈন্য বাহিনীত ভর্তি হয় আৰু নিজৰ দক্ষতাৰ বলত দেউতাকে অৱসৰ লোৱাৰ পাছত দেউতাকৰ পদতে অধিষ্ঠিত হয়।

ঘৰৰ ভিতৰলৈ সোমাই আহিয়ে জালে বিচলিত কণ্ঠত কলে- বোৱাৰী, মই বাহিৰত ৰৈ তোমালোকৰ সকলো কথা শুনিলোঁ। তুমি ঠিকেই কৈছা। ময়ো তোমাৰ কথাকে সমৰ্থন কৰোঁ। খুৰমৰ সিদ্ধান্তৰো ম‍ই প্ৰশংসা কৰোঁ। খোজাই এইমাত্ৰ আহি খবৰ দিলে যে, খুম ইৰাণৰ বাদচাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ কাৰণে হেনো বাদচাহ হিংস্ৰ হৈ উঠিছে আৰু খুৰমে চাহজাদীক গ্ৰহণ নকৰিলে প্ৰাণদণ্ডৰ কথা ঘোষণা কৰিছে। দণ্ডাদেশ কার্যকৰী কৰাৰ দায়িত্বও হেনো ৰস্তমৰ ওপৰতে ন্যস্ত কৰিছে।

ফাতিমাই অস্থিৰ ভাৱে ক'লে- তেৱোঁ এই কথাকে কৈ গ'ল। এতিয়া উপায় কি, আব্বাজান?

জালে পৰামৰ্শ আগবঢ়ালে- উপায়নো আৰু কি? যেনেকৈয়ে হওঁক বাদচাহৰ এই অন্যায় আদেশ যাতে কাৰ্যকৰী নহয় তাৰ ব্যৱস্থা কৰিব লাগিব। খুৰৰ্মক কেইদিনমানৰ কাৰণে ইৰাণৰপৰা আঁতৰাই ৰাখিব পাৰিলে এই সমস্যা সমাধান কৰিবপৰা গ'লহেঁতেন। সাপক বিশ্বাস কৰিব পাৰি; কিন্তু ৰুস্তমক বিশ্বাস কৰিব নোৱাৰি। সি যিহে প্রভুভক্ত! খুৰম ইৰাণত থাকিলে ৰাজাদেশত সি খুৰমক হত্যা কৰাটো নিশ্চিত।

জালৰ মন্তব্যত ফাতিমা অস্থিৰ হৈ উঠিল। তেওঁ ব্যাকুল কণ্ঠত সুধিলে- কিন্তু পঠাব কলৈ? খুৰম যিহে আপোনভোলা! সি এতিয়ালৈকে কোনোদিন ঘৰ এৰি ক'তো থকাও নাই। তেনেস্থলত সি জানো ঘৰ এৰি থাকিবলৈ সম্মত হ?

সম্মত কৰাবই লাগিব। নহ'লে তাৰ জীৱন বিপন্ন হোৱাটো নিশ্চিত। এইদৰে মন্তব্য কৰাৰ পাছত জালৰ ক্ৰযোৰ কোঁচ খাই গ'ল। কেইটামান মুহূর্ত মনে মনে থকাৰ পাছত কিবা এটা মনত পৰাৰ দৰে তেওঁ হঠাৎ কৈ উঠিল- বাৰু, বোৱাৰী তাক চামান গাঁলৈ পঠালে কেনে হয়? চামান গাঁৰ বোৱাৰীয়ে তাক পালে নিশ্চয় ভালেই পাব। তোমাৰ কি মত এই বিষয়ে ?

চামান গাঁ! ফাতিমাৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। তাই উৎসাহেৰে শহুৰেকক সমৰ্থন কৰি ক'লে- আপুনি ঠিকেই ভাবিছে। চমান গাঁলৈ গ'লে পলাই থকাৰ সুবিধা হোৱাৰ লগতে তাহমিনাৰো খবৰ কৰি আহিব পাৰিব। তাত খুৰমৰ ভনীয়েক এজনীয়ো আছে। তায়ো নিশ্চয় খুৰমক পালে ভালেই পাব।

এইদৰে পৰামৰ্শ কৰি জালে খুৰ্মক মাতি আনি কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়া ভাবে ক'লে- খুৰম, তুমি নিশ্চয় অৱগত হৈছা যে, বাদচাহে তোমাৰ দেউতাৰাৰ ওপৰতে তোমাৰ প্ৰাণদণ্ডাদেশ কার্যকৰী কৰাৰ দায়িত্ব অর্পণ কৰিছে। তোমাৰ দেউতাৰা যিহে প্ৰভু ভক্ত! তেওঁ নিশ্চয় এই আদেশ কার্যকৰী কৰিবলৈ কুণ্ঠাবোধ নকৰিব। সেয়ে তুমি কেইদিনমান ইৰাণ এৰি পলাই থাকিব লাগিব। চামান গাঁত তোমাৰ আন এগৰাকী আম্মাজান আছে। তুমি তালৈ যোৱাগৈ। আজি ৰাতিৰ আন্ধাৰতে তুমি ইৰাণ ত্যাগ কৰিব লাগিব।

খুৰম আতাকৰ কথা শুনি ভয়ত সন্ত্ৰস্ত হোৱাৰ পৰিৱৰ্তে নিৰ্বিকাৰ ভাৱে ক'লে- কথাটো ময়ো জানো। মই নিজেই শুনি আহিছোঁ বাদচাহৰ আদেশৰ কথা। কিন্তু ইয়াৰ বাবে আপোনালোক বিচলিত হৈছে কিয়? এই বিশ্ব চৰাচৰ খোদা তায়ালাৰ নিৰ্দেশতে চলি আছে। সুমহান খোদাৰ নিৰ্দেশ অবিহনে গছৰ পাত এটাও নসৰে। খোদাৰ অভিপ্রেত নহ'লে কোনেও মোৰ কেশাগ্র পর্যন্ত স্পৰ্শ কৰিব নোৱাৰিব আৰু যদি আবাজানৰ হাতত মৃত্যুই মোৰ বিধিলিপি হয় পাতালত গৈ লুকালেও কোনেও মোক মৃত্যুৰ হাতৰপৰা ৰক্ষা কৰিব নোৱাৰিব।

খুৰমৰ জ্ঞান গর্ভ ভাষণত জাল বিৰক্ত হৈ উঠিল। তেওঁ প্ৰতিবাদ কৰি উঠিল- থোৱা, থোৱা তোমাৰ জ্ঞান গর্ভ বক্তব্য। মোৰ গাত সৈনিকৰ তেজ। মোৰ এইবোৰ কথাত বিশ্বাস নাই। বিপদ আসন্ন দেখিলে সাৱধান হোৱা ভাল। জানি-বুজি মৃত্যুৰ মুখলৈ আগবাঢ়ি যায় মূৰ্খইহে। মোৰ কথা শুনা। খোজাই চামান গাঁৰ ৰাস্তা জানে। সি তোমাক চামান গাঁৰ ৰাস্তালৈকে আগবঢ়াই থৈ আহিব। আজি ৰাতিৰ ভিতৰতে তুমি ইৰাণ ত্যাগ কৰিবলৈ সাজু হোৱাগৈ।

তথাপি খুৰৰ্ম নিৰ্বিকাৰ হৈয়ে থাকিল। মৃত্যুৰ ভয়েও তেওঁক বিচলিত কৰিব নোৱাৰিলে। খুৰমৰ নিৰ্বিকাৰ ভাৱ দেখি ফাতিমা বিৰক্ত হৈ উঠিল। তাই খুৰমৰ হাতত ধৰি ক'লে- তই অমত নকৰিবি, বোপা। চামান গাঁত তোৰ আন এগৰাকী মাৰ আছে। তাত তোৰ ভনীয়েৰ এজনীও আছে। তই তালৈ গ'লে সিহঁতে ভালেই পাব। সিহঁতৰ খবৰ এটাও লোৱা হ'ব। ককায়েৰ হিচাপে ভনীয়েৰৰ খবৰ লোৱাটো তোৰ দায়িত্বৰ ভিতৰতে পৰে।

খুৰম এইবাৰ কিছু কোমল হ'ল। ক'লে তেওঁ- মৃত্যুৰ ভয়ত ম‍ই কেতিয়াও ইৰাণৰপৰা পলাই নাযাও। চামান গাঁৰ আম্মাজান আৰু ভনীজনীৰ খবৰ ল'বলৈ যোৱাটো অৱশ্যে সুকীয়া কথা।

ফাতিমাই আথে-বেথে ক'লে-- বাৰু, তই মৃত্যুৰ ভয়ত পলাই যাব নালাগে। সিহঁতৰ খবৰ এটাকে কৰি আহগৈ যা। তোৰ দেউতাৰৰতো অৱসৰে নাই খবৰ লোৱাৰ কাৰণে। দেউতাৰৰ কৰ্তব্য তয়ে পালন কৰি আহগৈ যা।

বাৰু, কেতিয়া যাব লাগিব?

জাল উৎসাহিত হৈ উঠিল। ক'লে- আজি ৰাতিৰ আন্ধাৰতে তুমি ইৰাণ ত্যাগ কৰিব লাগিব। খোজাই তোমাক চামান গাঁৰ সীমান্তলৈকে আগবঢ়াই থৈ আহিব। তুমি তাৰপৰা অকলে চামান গাঁলৈ যাব লাগিব।

ফাতিমাই ক'লে- কাইলৈ দোকমোকালিতে ওলাব লাগিব। মই তোৰ বস্তু-বাহানি, কাপোৰ-কানি যতনাই থমহি। এই বিষয়ে তই কিন্তু কাৰো লগত আলোচনা নকৰিবি। এনেকি কদমকো নকবি কথাটো।

খুৰমে কলে- তুমি কৈছা যেতিয়া নকওঁ, বাৰু। কিন্তু চামান গাঁৰ আম্মাজানে জানো মোক চিনিব পাৰিব?

ফাতিমাই দৃঢ়কণ্ঠত কলে- পৰিচয় দিলে নিশ্চয় চিনিব পাৰিব। মোৰ দৰে চামান গাঁৰ মাৰকো আম্মাজান বুলি মাতিবি।

জালে পৰামৰ্শ আগবঢ়ালে- তালৈ গৈয়ে ইয়াত ঘটা ঘটনাৰ বিষয়ে চামান গাঁৰ বোৱাৰীক ভাঙি-পাতি কবি। তোৰ দেউতাৰে তোক বিচাৰি গ'লেও যাতে তোৰ কথা নকয়, এই বিষয়েও সতৰ্ক কৰি দিবি।

বাৰু, আপুনি কোৱামতেই হ'ব।

কিন্তু সাৱধান। ঘুণাক্ষৰেও যাতে এই কথা প্ৰকাশ নহয়। বেৰৰো কাণ আছে। এতিয়া এই বিষয়ে অধিক আলোচনা নকৰো। কৰাটোশউচিতো নহ'ব। ব, এতিয়া আমি খোজাৰ লগত কিছু কথা আলোচনা হৈ থওঁগৈ৷

লক।

সিদ্ধান্ত মৰ্মে দুয়ো খোজাৰ লগত আলোচনা কৰাৰ উদ্দেশ্যে ওলাই গ'ল।

ফাতিমা খুৰমৰ যাত্ৰাৰ যা-যোগাৰ কৰিবলৈ ব্যস্ত হৈ পৰিল। ফাতিমাৰ ব্যস্ততা দেখি নিয়তিয়ে অলক্ষ্যে হাঁহি মাৰিলে।

            *         *        *

 

 

                                 (পোন্ধৰ)

প্রতিশোধ স্পৃহাই মানুহক অমানুহ কৰে- স্বভাৱ জান্তৱ কৰি তোলে।

মৌলবীসকল ইৰাণৰপৰা বিতাড়িত হৈ কায়কাউচৰ ধ্বংস কামনাত অস্থিৰ হৈ উঠিল।

মৌলবীকেইজনৰ ভিতৰত আচিফজা, আদিল বেগ আৰু জাহিদ খোমেইনিৰ প্ৰতিপত্তি আটাইতকৈ বেছি আছিল; গতিকে কায়কাউচৰ প্ৰতি সিহঁতৰে বৰ্বৰ ক্ৰোধ আক্রোশ বেছিকৈ জাগি উঠিল।

সিহঁত ইৰাণ সীমান্ত পাৰ হৈ তুৰস্কৰ ৰাস্তা ধৰিলে। তুৰস্কৰ বাদচাহ আবচাৰিয়াব ইৰাণৰ বাদচাহ কায়কাউচৰ ঘোৰ শত্ৰু। উভয় বাদচাহৰ মাজত সাপ নেউলৰ সম্পৰ্ক। এই কথা সর্বজন বিদিত। মৌলবীকেইজনেও জানে এই কথা। গতিকে মৌলবীসকলে ভাবিলে, যে ইৰাণৰ বাদচাহৰ কুত্সা গালেই আবচাৰিয়াৰে সিহঁতক সসম্মানে নিজৰ প্রাসাদত আশ্রয় দিব। কাৰণ শত্ৰুৰ শত্ৰু সদায় মিত্র হয়। এবাৰ আশ্ৰয় লব পাৰিলে আবচাৰিয়াবক লাহে লাহে কায়কাউচৰ বিৰুদ্ধে উচটাই ইৰাণ আক্ৰমণ কৰাবলৈও এদিন নিশ্চয় সম্মত কৰাব পাৰিব।

পথশ্ৰমত ক্লান্ত হৈ সিহঁত এজোপা গছৰ ছাঁত জিৰণি ল'বলৈ বহিল।

গা অলপ শাঁত পৰিলত হঠাৎ আচিফজাৰ মনত এটা প্ৰশ্ন উদয় হ'ল। সি হতাশাৰ সুৰত সংগী দুজনক উদ্দেশ্য কৰি ক'লে- তুৰস্কৰ বাদচাহ আবচাৰিয়াব ইতিমধ্যে কেবাবাৰো ইৰাণ আক্ৰমণ কৰি ৰস্তমৰ বীৰত্বৰ আগত মুখ থেকেচা খাই গৈছে। এতিয়া তেওঁ আমাৰ কথাত ইৰাণ আক্ৰমণ কৰিবলৈ সম্মত হ'ব জানো? আমাৰ মূৰৰহে বল আছে, হাথিয়াৰৰ বলতো মুঠেই নাই আমাৰ

আচিফজাৰ মন্তব্যত আদিল বেগ আৰু জাবিদ খোমেইনীৰ কপালৰ বলিৰেখা কুঞ্চিত হৈ উঠিল। আবচৰিয়াৰক কেনেকৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ কৰাব পাৰে সিহঁত সেই চিন্তাত বিভোৰ হ'ল।

জাবিদ খোমেইনীৰ মুখমণ্ডল হঠাৎ আনন্দোজ্জ্বল হৈ উঠিল। ক'লে সি- আমি যদি ৰুস্তমৰ দৰে এজন পালোৱানৰ সন্ধান কৰিব পাৰোঁ তেনেহ'লে আবচাৰিয়াবক ইৰাণৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বলৈ সন্মত কৰাটো টান কাম নহ'ব।

আচিফজাই নিরুৎসাহিত কণ্ঠত ক'লে- ৰুস্তমৰ দৰে বীৰ সমগ্ৰ আৰব ভূমিত পাবলৈ নাই। গতিকে তাৰ দৰে এজন বীৰ বিচৰা মানে পৰ্বতত কাছৰ কণী বিচৰাৰ লেখীয়া কথা হ'ব।

আদিল বেগ ইমান সময় মনে মনে সিহঁত দুজনৰ কথা-বতৰা শুনি আছিল। তাৰ ওপৰৰ পাৰিৰ আগদাঁত তিনিটা নাই। গতিকে কথা ক'লে তাক অলপ বিশ্ৰী আৰু হিংস্র দেখা যায়। ফলত সি কথা অলপ কমকৈ কয়। কিন্তু ৰস্তমৰ প্ৰতি তাৰ আক্রোশেই আটাইতকৈ বেছি।

এটা সময়ত সি ইৰাণৰ সেনা বাহিনীৰ সৈনিক আছিলকিন্তু সি আছিল খুবেই লোভী। আবচাৰিয়াৰ প্ৰথমবাৰ ইৰাণ আক্ৰমণ কৰাৰ সময়ত সি ৰস্তমক গুপ্ত হত্যাৰ কাৰণে এজন তুর্কী সেনাৰ লগত সনাপিঠা আৰম্ভ কৰিছিল। কিন্তু দুর্ভাগ্য ক্ৰমে সেই গোপন ষড়যন্ত্ৰ প্ৰকাশ হৈ পৰিছিল আৰু ৰস্তমে তাক ফর্মটিৰ দৰে প্ৰায় বিছ হাতমান আঁতৰলৈ দলিয়াই দি কৈছিল- যদি বেলেগ কোনোদিন শত্ৰুৰ লগত সনাপিঠা কৰাৰ কথা গম পাওঁ তেনেহ'লে মই তোৰ শিৰশ্ছেদ কৰিম। প্ৰথমবাৰৰ কাৰণে তোক এৰি দিলোঁ। আজিৰপৰা সাৱধান হ'বি৷

সেই ফৰ্মটিতে তাৰ ওপৰৰ পাৰিৰ আগদাঁত তিনিটা সুলকি গৈছিল। যুদ্ধৰপৰা আহিয়ে সি সেনাৰ কাম এৰি দি এজন মৌলবীৰ ওচৰত কিছুদিন ধর্মশাস্ত্র অধ্যয়ন কৰি দাঢ়ি ৰাখি মূৰত টুপী পিন্ধি মৌলবী হৈ পৰিছিল। তাৰ স্বভাৱ ভাল হ'ল বুলি ভাবি ৰস্তম নিজেই চুপাৰ্চি কৰি তাক ৰাজকীয় মৌলবী পদত অধিষ্ঠিত কৰি দিছিল।

আদিল বেগে বিছ বাইছ বছৰ আগৰ সেই কথা আজিলৈকে পাহৰিবপৰা নাই। তেতিয়াৰপৰা সি ৰস্তমৰ প্ৰতি এক বিদ্বেষৰ ভাব পুহি ৰাখিছে। গতিকে সি আগৰে পৰাই মনে মনে ৰুস্তমৰ সমকক্ষ এজন বীৰৰ সন্ধান কৰি আছিল। কেইদিনমান আগতে সি ৰুস্তমতকৈও পৰাক্ৰমী এজন বীৰৰ সন্ধান পাইছেও। কিন্তু সেইজন বীৰৰ সন্ধান পাই সি উৎসাহিত হোৱাৰ পৰিৱৰ্তে নিৰুৎসাহিতহে হৈছে। গতিকে সি ভুলতো কোনোদিন সেইজন বীৰৰ নাম মুখত উচ্চাৰণ কৰা নাই। কিন্তু এই বিপদৰ সময়ত যদি কোনো কূট কৌশলৰ আশ্ৰয় লৈ সেইজন বীৰৰ জৰিয়তে ৰুস্তমৰ ধ্বংস সাধন কৰিব পৰা যায় তাৰ বাবে সি তৎপৰ হৈ উঠিল।

আদিল বেগে হতাশ কণ্ঠত ক'লে- মই অৱশ্যে ৰুস্তমৰ দৰে এজন বীৰৰ সন্ধান জানো।

আচিফজা আৰু জাবিদ খোমেইনী কণাই লাখুঁটি পোৱাৰ দৰে উৎসাহিত হৈ উঠিল।

আছিফজাই অভিযোগৰ সুৰত ক'লে- এই কথা কিয় ইমান সময় কোৱা নাই? 'ত আছে সেইজন বীৰ?

আদিল বেগে হতাশ কণ্ঠত কলে- নোকোৱাৰ কাৰণ অৱশ্যেই আছে,, যাৰ বাবেই কোৱা নাছিলো। কাৰণ তাৰ নাম শুনিলে তোমালোকৰ তীৰ কঁপে জ্বৰ উঠিব।

আচিফজাই বিৰক্তিভৰা কণ্ঠত ক'লে- ভূমিকা এৰা। সেইজন বীৰ ক'ত আছে আগতে তাকে কোৱা। জ্বৰ উঠা নুঠাটো পাছত দেখা যাব। বাৰু, শুনিব খুজিছা যেতিয়া শুনা। আদিল বেগে হুমুনিয়াহ কাঢ়ি কলে- সেইজন বীৰ চামান গাঁত আছে।

চামান গাঁত? আচিফজা আৰু জাবিদ খোমেইনী একেলগে কৈ উঠিল।

এৰা, চামান গাঁত। আৰু তেওঁ আন কোনো নহয়, তেওঁ হ'ল ৰস্তমৰ পুত্র।

ৰুস্তমৰ পুত্ৰ! আচিফজা আৰু জাবিদ খোমেইনীয়ে একেলগে চিঞৰি উঠিল। আৰ্তনাদৰ দৰে শুনা গ'ল সিহঁতৰ চিঞৰ।

এৰা, ৰুস্তমৰ পুত্ৰ চোহৰাব। আদিল বেগে আহত কণ্ঠত ক'লে- তেওঁ ৰুস্তমতকৈও বেছি বাহুবলী।

আচিফজা কৌতুহলী হৈ উঠিল। সংশয় মিহলি কণ্ঠত সুধিলে সি- চামান গাঁৰ স্ত্ৰীৰ কন্যা সন্তান হোৱা বুলিহে শুনিছোঁ আমি।

আদিল বেগ উৎসাহিত হৈ উঠিল। ক'লে সি- সেয়া মিছা কথা। ম‍ই খবৰলৈ জানিব পাৰিছোঁ, যে ল'ৰা সন্তান হ'লে ৰুস্তম লৈ আহিব বুলি ভয়ত চামান গাঁৰ বাদচাহ চাহৰিয়াৰে কন্যা সন্তান হোৱা বুলি খোজাক আঁভূৱাভাৰি পঠাইছিল।

জাবিদ খোমেইনীয়ে হতাশ কণ্ঠত ক'লে- এনেকুৱা বীৰৰ সন্ধান নকৰাই উত্তম। এজন কস্তমৰ ভয়তে সমগ্ৰ আৰৱ বিশ্ব ভয়ত কম্পমান। আৰু এজন ৰুস্তমৰ আগমন ঘটিলে সমগ্র বিশ্ব ভয়ত কঁপি উঠিব। তাতকৈ গোপন খবৰ গোপনে থকাই আমাৰ কাৰণে মংগল।

আদিল বেগে পৰামৰ্শ আগবঢ়ালে- সাগৰ ঢৌ দেখি তীৰত হাত সাৱটি বহি থকাতকৈ ঢউৰ অনুকুলে জাহাজ এৰি দিয়াই উত্তম। তেতিয়া সিটো পাৰ পোৱাৰ ক্ষীণ আশা হলেও থাকে। অৱশ্যে এই কাম কৰিবলৈ হ'লে অসীম সাহস, ধৈৰ্য আৰু কূট কৌশলৰ প্ৰয়োজন হ'ব। এইদৰে মন্তব্য কৰি আদিল বেগ ক্ষন্তেক ৰৈ লগৰীয়া দুজনৰ ফালে চাই কিছুপৰ ভাবি কলে- আমি চোহৰাবক কিবা উপায়ে কায়কাউচৰ বিৰুদ্ধে উচটাই তুলিব পাৰিলে কামটো সম্ভৱ হ'ব পাৰে।। উক্ত কামত সফল হ'ব পাৰিলে শেষত উলুৰ লগত বগৰী পুৰি মাৰাৰো উপায় নিশ্চয় ওলাব।

কেনেকৈ? লগৰীয়া দুজনে সমবেত কণ্ঠত সুধিলে।

আমি এই ক্ষেত্ৰত কূট-কৌশলৰ আশ্ৰয় ল'ব লাগিব। আদিলবেগে লৰি-চৰি বহি ক'লে- আমি সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ ব্যৱস্থা কৰিব লাগিব। কিবা উপায়ে চোহৰাবক আবচাৰিয়াবৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ সম্মত কৰাব পাৰিলেই আমি আমাৰ অভীষ্ট লক্ষ্যত উপনীত হব পাৰিম। অৱশ্যে কামটো সহজ নহ'ব। কিন্তু চেষ্টাৰ অসাধ্য একো নাই।

লগৰীয়া দুজন কৌতুহলী হৈ উঠিল.। সিহঁতে সন্ধানী দৃষ্টিৰে আদিল বেগৰ ফালে চালে। আদিল বেগে দৃঢ় প্রত্যয়ৰ সুৰত কলে- এই ক্ষেত্ৰত কায়কাউচৰ খেয়ালী স্বভাব আমাৰ অনুকুলে কাম কৰিব। খুৰমে চাহজাদীক বিয়া কৰাবলৈ সম্মত নোহোৱাৰ কাৰণে কায়কাউচে তাৰ প্রাণদণ্ডৰ কথা ঘোষণা কৰিছে আৰু সেই দণ্ডাদেশ কার্যকৰী কৰাৰ দায়িত্ব স্বয়ং ৰুস্তমৰ ওপৰতে ন্যস্ত কৰিছে। মহাবীৰ জাল এই দণ্ডাদেশৰ বিৰুদ্ধে কায়কাউচক টান কথা শুনোৱাত হেনো কায়কাউচে জালক নজৰ বন্দী কৰি ৰাখিছে। ইৰাণত ঘটা এই ঘটনাবোৰ ৰহণ সানি বৰ্ণণা কৰি আমি চোহৰাবক কায়কাউচৰ বিৰুদ্ধে উচটাই তুলিব লাগিব। এই কামত আমি সফল হ'ব পাৰিলে চোহৰাব নিশ্চয় কায়কাউচৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সম্মত হ'ব।

কামটো বাঘৰ নেগুৰেৰে কাণ খজুৱাৰ লেখীয়া কথা হ'লেও নাও ডুবা মানুহে খেৰকূটাকে অৱলম্বন কৰাৰ দৰে সিহঁত তিনিও শেষত নানা যুক্তি তৰ্কৰ পাছত সহমতত উপনীত হৈ চামান গাঁ অভিমুখে যাত্ৰা কৰিলে।

বাটে বাটে আহি থাকোতে লোকমুখে সিহঁতে কেইটামান সুখবৰো পালে। সিহঁতে শুনিলে যে, খুৰম জালৰ পৰামৰ্শ অনুসৰি ইৰাণৰপৰা পলাই গৈছে আৰু খুৰমৰ প্ৰাণদণ্ডাদেশ কার্যকৰী কৰাৰ কাৰণে ৰুস্তম তাৰ পাছে পাছে খেদি ফুৰিছে।

খুৰম ইৰাণৰপৰা পলাই অহাৰ দিনাই চাহজাদী ঝুমুৰ ৰাজপ্রাসাদৰপৰা নিৰুদ্দেশ হৈছে। ফলত কায়কাউচ অধিক হিংস্ৰ হৈ উঠিছে। তেওঁ ক্ষোভ আক্রোশত বলিয়া হৈ তিনিজন প্ৰহৰীক হত্যা কৰিছে আৰু চাহজাদীৰ সহচৰী পৰিচাৰিকা কেইজনীক চাবুক মাৰি ক্ষত-বিক্ষত কৰিছে। সিহঁতৰ জীৱনো বর্তমান সংকটাপন্ন।

মহাবীৰ জালে খুৰমৰ প্ৰাণদণ্ডাদেশৰ বিৰুদ্ধে ক্ষিপ্ত হৈ কায়কাউচক সিংহাসনৰ পৰা টানি নমাবলৈ গৈছিল। সেনাপতি গেও এশজন সৈন্যৰ সহযোগত জালক কৌশলেৰে জালত পেলাই কথমপিহে বাদচাহৰ প্ৰাণৰক্ষা কৰিছে আৰু জালত মেৰিওৱা অৱস্থাতে তেওঁক বন্দীশাললৈ নি আটক কৰি ৰাখিছে।

লোকমুখে এইবোৰ কথা শুনি তিনিও উৎসাহিত হৈ উঠিল। এইবাৰ শেনৰ এজাত। এইবোৰ ঘটনা জানিলে চোহৰাব কায়কাউচৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰিবলৈ সন্মত হ'ব বুলি সিহঁতৰ ধাৰণা বদ্ধমূল হ'ল। সিহঁত উৎসাহিত হৈ তিনিটা ঘোঁৰা কিনিলৈ দ্রুত গতিত চামান গাঁ অভিমুখে ঘোঁৰা চেকুৰালে।

মৌলবীকেইজনে ভবামতেই কাম সিজিল। সিহঁত চামান গাঁলৈ আহি ইৰাণত ঘটা ঘটনা আৰু বাটত শুনি অহা ঘটনাসমূহ তিলটোকে তালটো কৰি বিৱৰি কৈ চোহৰাবক উত্তেজিত কৰি তুলিলে।

পৰিয়ালবৰ্গৰ বিপদৰ কথা শুনি চোহৰাব মৌলবীসকলে ভবা ধৰণেই উত্তেজিত হৈ উঠিল যদিও তেওঁ একেবাৰে সংশয়মুক্ত হ'ব নোৱাৰিলে। সেয়ে তেওঁ সংশয় মিহলি কণ্ঠত সুধিলে- কিন্তু আপোনালোকে কোৱা কথাবোৰ যে সঁচা তাৰ প্ৰমাণ কি ?

আদিল বেগে কোৰাণৰ শপত খাই কলে- কোৰাণৰ শপত। যদি প্ৰত্যক্ষ প্রমাণ লাগে আমি তাকো দিব পাৰিম। আদিল বেগে নিজৰ মূৰৰ পাগুৰি খুলি মূৰৰ ফালে আঙুলিয়াই ক'লে- এয়া চোৱা, আমি ধৰ্মৰ দোহাই দি অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ যোৱাত কায়কাউচে আমাৰ মূৰ খুৰাই ইৰাণৰপৰা খেদি পঠিয়াইছে। তথাপিও যদি তুমি আমাৰ কথা বিশ্বাস কৰিবলৈ টান পাইছা তেনেহ'লে আমি মছজিদলৈ গৈ কোৰাণৰ শপত খাই ক'বলৈও সাজু আছো।

চোহৰাবে ক'লে- নাই নাই, ইমানখিনি কৰাৰ প্ৰয়োজন নাই। ম‍ই মাথোন সংশয় মুক্তহে হ'লো। আপোনালোক আলিম মানুহ। সেয়ে আপোনালোকৰ মুখৰ কথাই যথেষ্ট।

তোৰ এই সৰলতাই তোৰ ধ্বংস মাতি আনিব আৰু আমাৰ কাৰণে বৈ আনিব বিজয়ৰ বাৰ্তা। আচিফজাই এইদৰে স্বাগতোক্তি কৰিয়ে নিজৰ পাগুৰি খুলি কান্দোনমুৱা হৈ ক'লে- এয়া চোৱা, মোৰো সেই একেই অৱস্থা কৰিছে কায়কাউচ। কেৱল মূৰ খুৰায়ে ক্ষ্যান্ত থকা নাই, চূণ গুলি মূৰত লেপিও দিছিল। এয়া আলিম সমাজৰ কাৰণে দুৰ্ঘোৰ অপমান। তোমাৰ বাহিৰে কোনেও ইয়াৰ প্ৰতিবিধান কৰিব নোৱাৰে। পাৰিলে আজিয়ে যাত্ৰাৰ ব্যৱস্থা কৰা। কায়কাউচ যিহে আকোৰগোজ মানুহ! পলম হ'লে মহাবীৰ জালৰ শিৰশ্ছেদো কৰিব পাৰে। সাপক বিশ্বাস কৰিব পাৰি, কিন্তু কায়কাউচক বিশ্বাস কৰিব নোৱাৰি।

চোহৰাবে আশ্বাস দি ক'লে- আপোনালোকে চিন্তা নকৰিব। ম‍ই আজিয়ে ইৰাণলৈ যাত্ৰা কৰাৰ ব্যৱস্থা কৰিম ।

জাবিদ খোমেইনীয়ে লগৰীয়া দুজনক উদ্দেশ্য কৰি ক'লে- পৰিচয় গোপন ৰখাৰ কথাটো কোৱা উচিত আছিল নেকি?

আচিফজাই ধমকিৰ সুৰত ক'লে- বোপাৰ লগত এই বিষয়ে আলোচনা কৰাৰ বহুতো সময় পাম, তেতিয়া আলোচনা কৰিম বাৰু। এতিয়া মনে মনে থাকা।

চোহৰাব কৌতুহলী হৈ সুধিলে- কি পৰিচয় গোপন ৰখাৰ কথা কৈছে আপোনালোকে?

আচিফজাই আভূৱা ভাঁৰিবলৈ ক'লে- নাই নাই, কথা বিশেষ একো নহয়। সেয়া আমি পাছত আলোচনা কৰিম। এতিয়া তুমি যোৱা। সোনকালে যাত্ৰাৰ ব্যৱস্থা কৰাগৈ। আমি যিমান সোনকালে যাত্রা কৰিব পাৰিম আমাৰ কাৰণে সিমানেই মংগল।

মৌলবীসকলৰ বিশ্ৰামৰ ব্যৱস্থা কৰি দি চোহৰাব তাহমিনাৰ ওচৰলৈ আহিল। চোহৰাবক দেখিয়ে তাহমিনাই সুধিলে- শুনিলো ইৰাণৰপৰা তিনিজন মৌলবী আহিছে। ইৰাণৰ বৰ্তমান পৰিস্থিতি কি? দেউতাৰ ভালে কুশলে আছেতো?

চোহৰাবে বিষণ্ণ কণ্ঠত ক'লে- ইৰাণৰ পৰিস্থিতি মুঠেই ভাল নহয়, মা। খুবেই ভয়াৱহ। চোহৰাবে এইদৰে মন্তব্য কৰি মৌলবীসকলৰ মুখত শুনা ঘটনাবোৰ বিৱৰি কৈ ক'লে- ইৰাণত আমাৰ বংশধৰসকলৰ চৰম বিপদ। সেয়ে ম‍ই আজিয়ে ইৰাণ অভিমুখে যাত্ৰা কৰাৰ কথা ভাবিছো।

তাহমিনাই ইৰাণত ঘটি থকা ঘটনাৰ কথা শুনি মৰ্মান্তিক বেজাৰ পালে যদিও চোহৰাব ইৰাণলৈ যোৱাৰ বাবে সিদ্ধান্ত লোৱাৰ কথা শুনি উৎকণ্ঠিতও হৈ উঠিল। সেয়ে তাই চোহৰাবক ইৰাণলৈ যোৱাৰপৰা বিৰত কৰিবলৈ ক'লে- ইৰাণত ঘটা ঘটনাৰ কথা শুনি ময়ো অতিশয় দুঃখিত। তথাপি তুমি আগতেই ইৰাণলৈ যোৱাৰ প্ৰয়োজন নাই। আগতে ইৰাণলৈ মানুহ পঠাই প্ৰকৃত ঘটনাৰ গমগতি লোৱা। পাছত ইৰাণলৈ যোৱাৰ বিষয়ে চিন্তা কৰিবা।

চোহৰাৰ প্ৰতিবাদ কৰি উঠিল- মানুহ পঠাই ঘটনাৰ গম-গতি ল'বলৈ গ'লে সিফালে সকলো শেষ হৈ যাব। গতিকে তুমি মোক বাধা নিদিবা। মই আজিয়ে ইৰাণ অভিমুখে যাত্ৰা কৰিম। পৰিয়াবৰ্গৰ বিপদৰ কথা শুনাৰ পাছৰপৰা এটা লহমা মোৰ ওচৰত এটা যুগৰ দৰে অনুমান হৈ আছে।

তেনেতে চাহৰিয়াৰ কক্ষৰ ভিতৰলৈ সোমাই আহিল। তেওঁ চোহৰাবে কোৱা কথাবোৰ শুনি ব্যস্ত ভাবে ক'লে- তুমি ব্যস্ত হ'ব নালাগে। ম‍ই ঘটনাৰ গম-গতি ল'বলৈ এতিয়াই চোৰাংচোৱা পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ।

চোৰাংচোৱা পঠোৱাৰ প্ৰয়োজন নাই, ককাজান। মৌলবীসকলে জানো মিছা কথা কৈছে? আপুনি মোক মাথোন পাঁচশ সৈন্য দিয়ক। ম‍ই ইৰাণ সীমন্তলৈ গৈ ঘটনাৰ গম গতি লৈহে ইৰাণ আক্ৰমণ কৰাৰ সিদ্ধান্ত ল'ম।

কিন্তু তুমি দেউতাৰাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰাটো জানো উচিত হ'? চাহৰিয়াৰে যুক্তি দাঙি ধৰিলে।

দেউতাৰ বিৰুদ্ধে মই অস্ত্ৰ ধাৰণ নকৰোঁম‍ই অস্ত্ৰ ধাৰণ কৰিম স্বেচ্ছাচাৰি বাদচাহৰ স্বেচ্ছাচৰিতাৰ বিৰুদ্ধেহে। দেউতাই যদি বাদচাহৰ অন্যায় কৰ্মক প্রশ্রয় দি বাদচাহৰ সপক্ষে যুঁজিবলৈ আহে তেনেহ'লে মই তেওঁৰ বিৰুদ্ধেও অস্ত্ৰ ধাৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰো। কাৰণ অন্যায় কৰা আৰু অন্যায়ক প্রশ্রয় দিয়া একেই কথা, ককাজান।

তোমাৰ দেউতাৰাই কোনো অন্যায় কৰা নাই, চোহৰাব। তাহমিনাই যুক্তি দাঙি ধৰিলে- তেওঁ যি কৰিছে দেশৰ মংগলৰ কাৰণে কৰিছে। প্ৰতিজন নাগৰিকৰে জন্মভূমিৰ প্ৰতি ভক্তি থকা কৰ্ত্তব্য।

দেউতাৰ দেশভক্তিক ম‍ই শ্ৰদ্ধা কৰো; কিন্তু তেওঁৰ অতি ভক্তিক ম‍ই সমৰ্থন নকৰো। কাৰণ অতি ভক্তিয়ে ভক্তিৰ মৰ্যদা হানি কৰে। দেউতাৰ অতি ভক্তিৰ ফলত ভ্ৰাতৃ খুৰমৰ জীৱন বিপন্ন। আতাজান জাল কাৰাগাৰত বহি মৃত্যুৰ বাবে ক্ষণ গণি আছে। এইবোৰ কথা জানি- শুনিও জানো মই হাত সাৱটি বহি থকাটো জানো উচিত হ'? বিপদৰ সময়ত বংশধৰসকলৰ কাষত থিয় নিদিলে কেতিয়া দিম, মা ?

তথাপিও সন্তানে গুৰুজনৰ কৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। তাহমিনাই পুনৰ যুক্তি দাঙি ধৰিলে।

গুৰুজনক অন্যায় কৰ্মৰপৰা বিৰত ৰখাও সচেতন সন্তানৰ কাৰণে উচিত, মা। এইবাৰ চোহৰাবে আবেগিক কণ্ঠত ক'লে- মই দেউতাক কোনোদিন দেখা নাই। তথাপিও দেউতাৰ দেশ ভক্তিৰ সন্মান কৰোঁ। দেউতাৰ বীৰত্ব গাঁথা শুনিলে মই গৌৰৱবোধ কৰো- অভিভূত হৈ পৰোঁ। তথাপিও ম‍ই দেউতাৰ এই অন্যায় কৰ্মক মানি ল'ব নোৱাৰো, মা। পিতৃৰ হাতত পুত্ৰৰ হত্যাদেশৰ প্ৰতিবাদত ইৰাণৰ প্ৰতিজন নাগৰিক সৰৱ হৈ উঠিছে। তেওঁলোকে বাদচাহৰ এই অন্যায় আদেশৰ বিৰুদ্ধে সহায় বিচাৰি দিহিঙে-দিপাঙে ঢাপলি ফুৰিছে। তুমি জানো পিতৃৰ হাতত পুত্ৰ হত্যা হোৱাটো কামনা কৰা, মা? ভ্ৰাতৃ খুৰম জানো তোমাৰ সন্তান নহয়? মোৰ ক্ষেত্ৰত এনেকুৱা অন্যায় হ'লে তুমি কি কৰিলাহেঁতেন, মা? তেতিয়াও জানো ভ্ৰাতৃ খুৰমক এইদৰে বাধা দিলাহেঁতেন?

এইবাৰ তাহমিনা যুক্তিত হাৰিল। তাই চোহৰাবক মৌলবীসকলৰ লগত আহিবলৈ অনুমতি দিবলৈ বাধ্য হ'ল। ক'লে তাই- বাৰু, যাব খুজিছা যদি যোৱাগৈ। কিন্তু দেউতাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ নকৰিবা।

পৰিস্থিতিত বাধ্য হৈ দেউতাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিব লগা হলেওঁ মই দেউতাৰ কোনো ক্ষতি হ'বলৈ নিদিও, মা। এই বিষয়ে তুমি নিশ্চিন্ত থাকিব পাৰা।

ৰুস্তমে চোহৰাবক দিয়া মাদুলিটো ইতিমধ্যে তাহমিনাই চোহৰাবৰ বাহুত বান্ধি দিছিল। তাই চোহৰাবক মাদুলিটোৰ কথা সোঁৱৰাই দিলে- তোমাৰ বাহুত থকা মাদুলিটো তোমালোকৰ বংশৰ প্ৰতীক। যি কোনো পৰিস্থিতিতে তুমি বাহুৰ পৰা মাদুলিটো নুখুলিবা। মাদুলিটো দেখুৱালেই দেউতাৰাই তোমাক চিনিব পাৰিব।

চোহৰাবে মাদুলিটো খেপিয়াই চাই ক'লে- এই বিষয়ে তুমি চিন্তা নকৰিবা। যুদ্ধ শেষ কৰিয়ে ম‍ই দেউতাক মাদুলিটো দেখুৱাই মোৰ পৰিচয় দিম।

চোহৰাবৰ আকোৰগোজ মনোভাবলৈ লক্ষ্য কৰি অৱেশষত চাহৰিয়াৰেও অনুমতি দিবলৈ বাধ্য হ'ল। তেওঁ দুহেজাৰ সৈন্য দিয়াৰ সিদ্ধান্তলৈ ক'লে- সদ্যহতে দুহেজাৰ সৈন্যলৈ যোৱা। তোমাৰ সহায়ৰ কাৰণে আৰু পাঁচ হাজাৰ সৈন্য সাজু কৰি ৰাখিম। প্ৰয়োজন হ'লেই দূতৰ আগত খবৰ পঠিয়াবা।

চোহৰাব সকলোৰে পৰা বিদায়লৈ সিদিনাই মৌলবীসকলৰ লগত ইৰাণ অভিমুখে যাত্ৰা কৰিলে।

                 *        *        *

 

                                             (ষোল্ল)

 

চোহৰাব সসৈন্যে আহি ইৰাণ সীমান্তত উপস্থিত হ'ল। ইৰাণ সীমান্তলৈ আহি তেওঁ ঘটনাৰ গম গতি লৈ মৌলবীসকলে কোৱা কথাবোৰৰ সত্যতাৰ বহুতো প্ৰমাণ পালে। গতিকে তেওঁ মনে মনে ইৰাণ আক্ৰমণ কৰিবলৈ সিদ্ধান্তলৈ মৌলবীসকলৰ ওচৰলৈ আহি ক'লে- আপোনালোকে কোৱা প্ৰতিটো কথাই সত্য। গতিকে আমি কোন দিশৰপৰা আক্ৰমণ কৰিলে পৰিস্থিতি আমাৰ অনুকূলে হ'ব সেই বিষয়ে সিদ্ধান্ত লোৱা প্রয়োজন। ইৰাণৰ ভৌগোলিক অৱস্থানৰ বিষয়ে মোৰ মুঠেই জ্ঞান নাই। গতিকে আপোনালোকে এই বিষয়ে মোক পৰামৰ্শ দিয়ক।

মৌলবীসকলে এই সুযোগৰ অপেক্ষাতে ৰৈ আছিল। আগতে ভাবি থোৱা মতে সিহঁতে চোহৰাবক তুৰস্কৰ ফালে যাবলৈ উচটাবলৈ সিদ্ধান্ত ললে। আদিল বেগে পৰামৰ্শ আগবঢ়ালে- ইৰাণৰ সৈন্য বল খুবেই শক্তিশালী। আমাৰ এই তাকৰীয়া সৈন্যৰে ইৰাণৰ বিপক্ষে যুদ্ধ কৰাটো তেনেই অসম্ভৱ। গতিকে বেলেগ কোনো শক্তিৰ সহায় নোলোৱাকৈ ইৰাণ আক্ৰমণ কৰাটো আমাৰ কাৰণে আত্মজাহ যোৱাৰ লেখীয়া কথা হ'ব। গতিকে বেলেগ শক্তিৰ সহায় লৈহে আমি ইৰাণ আক্ৰমণ কৰাটো বুদ্ধিমানৰ কাম হ'ব।

চোহৰাব বয়সত নবীন হ'লেও বুদ্ধিত প্রবীণ। আদিল বেগে কোৱা কথাষাৰ তেওঁ নিজেও ভাবি আছিল। গতিকে তেওঁ আদিল বেগৰ ভাষ্যত কৌতুহলী হৈ সুধিলে- কিন্তু কোনে সহায় কৰিব আমাক? মোৰতো তেনে কোনো শক্তিৰ কথা জনা নাই। আপোনালোকে তেনে কোনো শক্তিৰ কথা জানে নেকি?

আদিল বেগে আশ্বাস দি ক'লে- তোমাৰ নাথাকিলেও আমাৰ নিশ্চয় আছে। সিহঁতে ইতিমধ্যে ভাবি থোৱা মতেই পৰামৰ্শ আগবঢ়ালে- আমি এতিয়া ইৰাণ আক্ৰমণ নকৰি তুৰস্কলৈ যাব লাগিব। তালৈ গৈ আমি তুৰস্কাধিপতি আবচাৰিয়াবৰ ওচৰত সৈন্য সাহায্য প্ৰাৰ্থনা কৰিব লাগিব।

চোহৰাবে সংশয় প্রকাশ কৰি ক'লে- কিন্তু আবচাৰিয়াবে আমাক সৈন্য সহায্য দিব কি স্বার্থত?

আদিল বেগে চোহৰাবক সংশয় মুক্ত কৰিবলৈ দৃঢ়কণ্ঠত ক'লে- স্বার্থ নিশ্চয় আছে। আবচাৰিয়াবো কায়কাউচৰ শত্ৰু। তোমাৰ দৰে তেৱোঁ কায়কাউচৰ ধ্বংস কামনা কৰে। মাথোন উপযুক্ত বীৰৰ অভাৱতহে তেওঁ কাছৰ দৰে হাত ভৰি গোটাই বহি আছে। তোমাৰ বীৰত্বৰ কথা গম পালে তেওঁ বিনাদ্বিধাই তোমাক সৈন্য সাহায্য কৰিবলৈ আগবাঢ়ি আহিব। কিন্তু তুমি তেওঁৰ দুই এটা চৰ্ত মানিব লগা হ'ব পাৰে।

চোহৰাবে চকু বিস্ফাৰিত কৰি সুধিলে- চৰ্ত! কি চৰ্ত? সম্ভৱ হ'লে ম‍ই তেওঁৰ সকলো চৰ্ত মানি ল'বলৈ প্ৰস্তুত আছো।

চর্ত বিশেষ একো নহয়। আদিল বেগ ক'লে- জাবিদ খোমেইনীয়ে কালি যি পৰিচয় গোপন ৰখাৰ কথা কৈছিল আবচাৰিয়াবে সেই চৰ্তটো আৰোপ কৰিব পাৰে। যুদ্ধ চলি থকা সময়ত তুমি তোমাৰ পৰিচয় গোপনে ৰাখিব লাগিব। কাৰণ তুমিতো তোমাৰ পিতাৰাৰ প্রভুভক্তিৰ কথা জানাই। তোমাৰ পৰিচয় পালে পিতাৰাই কেতিয়াও তোমাক কায়কাউচৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰিবলৈ নিদিয়ে। গতিকে যুদ্ধ চলি থকা সময়ত তুমি তোমাৰ পৰিচয় গোপনে ৰাখিলে তোমাৰ কাৰণেও মংগল হ'ব।

চোহৰাব নিজেও ৰস্তমৰ লগত হ'ব লগীয়া আসন্ন যুদ্ধৰ সময়ত হ'বপৰা অসুবিধাসমূহৰ কথা ভাবি মনে মনে চিন্তিত হৈ আছিল। দেউতাকে তেওঁৰ পৰিচয় পালে ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰাটো সম্ভৱ নহ'ব বুলি তেওঁ নিজেও দৃঢ় নিশ্চিত। সেয়ে তেওঁ এই সমস্যাৰপৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰে তাৰ বাবে চিন্তিত হৈ আছিল। গতিকে তেওঁ নিজেও পৰিচয় গোপনে ৰাখি যুদ্ধ কৰি দেউতাক যুদ্ধত হৰুৱাইহে তেওঁৰ ওচৰত নিজৰ পৰিচয়

35দিয়াৰ কথা ভাবি আছিল। কিন্তু ইমানবোৰ সৈন্যৰ মাজত পৰিচয় গোপনে ৰখাটো সম্ভৱ নহ'ব বুলি তেওঁ সন্দিহান হৈ আছিল। সেয়ে তেওঁ মৌলবীসকলৰপৰা প্ৰস্তাৱটো পাই দূৰৰ গংগা ওচৰতে পোৱা যেন পালে। তেওঁ একে আষাৰতে প্ৰস্তাৱটো সমৰ্থন কৰি ক'লে- মই নিজেও কথাটো ভাবি আছিলোঁ। আপোনালোকে কৈছে যেতিয়া ম‍ই এক দুঃশ্চিন্তাৰ পৰা মুক্ত হ'লোঁ। আপোনালোকে কোৱা মতেই হ'ব। কিন্তু দেউতা যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হ'লেই আপোনালোকে মোক দেখুৱাই দিব।

নিশ্চয়। নিশ্চয় দেখুৱাই দিম।এয়াতো আমাৰ কৰ্ত্তব্য। আদিল বেগে প্রকাশ্যে এইদৰে চোহৰাবক সান্ত্বনা দি মনে মনে ক'লে- পিতৃৰ পৰিচয় ঠিকেই পাবা; কিন্তু মৃত্যুৰ পাছত।

আচিফজাই ক'লে- এতিয়া যাত্ৰা আৰম্ভ কৰা যাওঁক। দিনৰ পোহৰতে আমি গৈ তুৰস্কৰ ৰাজধানী পাব লাগিব।

মৌলবীসকলৰ পৰামৰ্শ মতে চোহৰাবে ইৰাণ আক্ৰমণ নকৰাৰ সিদ্ধান্তলৈ তুৰস্ক অভিমুখে যাত্ৰা কৰিলে।

তেওঁলোক তুৰস্ক ৰাজপ্রাসাদৰপৰা কেবা মাইল আঁতৰত থাকোতেই যাত্রা স্থগিত কৰি সন্ধিয়াৰ আগে আগে ছাউনী পাতিলে। ছাউনী পতাৰ পাছত চেহৰাবৰপৰা অনুমতি লৈ মৌলবীসকল আবচাৰিয়াবৰ ওচৰত সৈন্য সাহায্য প্রার্থনা কৰিবলৈ ওলাল।

*        *        *

 

 

সোতৰ

তুৰস্ক!

তুৰস্কৰ ৰাজকীয় ৰংমহলত নৃত্য-গীত চলি আছিল। আবচাৰিয়াৰ পাত্ৰ-মিত্ৰ সমন্বিতে সেই নৃত্য-গীত উপভোগ কৰি আছিল। হঠাৎ কিবা ভাবি আবচাৰিয়াব উত্তেজিত হৈ উঠিল। বহাৰপৰা উঠি তেওঁ চাবুক লৈ নর্তকীকেইজনীৰ ফালে উত্তেজিত ভাবে খেদি গ'ল আৰু নর্তকীকেইজনীৰ ওচৰলৈ গৈয়ে যধে-মধে সিহঁতক প্ৰহাৰ কৰিবলৈ ধৰিলে। চাবুকৰ প্ৰহাৰত নর্তকীকেইজনী আর্তনাদ কৰি উঠিল।

আবচাৰিয়াৰে তেতিয়া নর্তকীকেইজনীক উদ্দেশ্য কৰি ভৎসনাৰ সুৰত কৈ উঠিল- যা যা, তহঁতৰ নৃত্য-গীত শুনি শুনি এতিয়া আমনি লগা হৈছে। নৃত্য-গীত এৰি ৰুস্তমৰ দৰে পালোৱান জন্ম দিবলৈ চেষ্টা কৰগৈ, যা। ৰুস্তমৰ দৰে পালোৱান জন্ম দিব নোৱাৰিলে তহঁতক মই ৰাজপ্রাসাদৰপৰা খেদি পঠিয়াম। যা, আতঁৰ হ মোৰ সন্মুখৰ পৰা

ধমকি খাই নর্তকীকেইজনী দৌৰি পলাল।

নর্তকীকেইজনী ৰংমহল ত্যাগ কৰাৰ পাছত কোলাহল মুখৰ পৰিৱেশ হঠাৎ নিজম পৰি গ'ল। আবচাৰিয়াব উত্তেজিত ভাৱে আহি পুনৰ নিজৰ আসনত বহিল। তেওঁ পাত্র-মিত্ৰসকললৈ অৱজ্ঞাৰ দৃষ্টিৰে চাই ক'লে- যাওঁক, আপোনালোকেও ৰস্তমৰ দৰে পালোৱান জন্ম দিয়াৰ বাবে চেষ্টা কৰকগৈ। যদি ৰুস্তমৰ দৰে পালোৱান জন্ম দিব নোৱাৰে তেনেহ'লে মই আটাইকে বরখাস্ত কৰিম। এয়াই মোৰ শেষ সিদ্ধান্ত।

সেনাপতি বাৰ্মান থিয় হৈ ক্ষমা খোজাৰ ভংগীত মূৰ দোঁৱাই ক'লে- জাহাপনা, আমিতো চেষ্টাৰ ত্ৰুটি কৰা নাই। কস্তমৰ দৰে পলোৱানৰ সন্ধান দিব পাৰিলে আশাতীত পুৰস্কাৰ দিয়াৰ কথাও আমি ৰাজ্যময় ঘোষণা কৰিছোঁ। আমি নিজেও কস্তমৰ দৰে পালোৱান গঢ়ি তোলাৰ কাৰণে দিনে-ৰাতি অহোপুৰুষাৰ্থ কৰি আছো।

বাৰমানৰ আত্মপক্ষ সমর্থনত আৱচাৰিয়াব অধিক উত্তেজিত হৈ উঠিল'লে তেওঁ- কি কৰিলা এই বাইছ বছৰ? পঞ্চাছজন মল্লবীৰ আনি ৰাষ্ট্ৰময় এৰি দিছা। সিহঁতৰ পাছত লাখ লাখ টকা খৰচ হৈ আছে; অথচ এতিয়ালৈকে ৰুস্তমৰ দৰে এজন পলোৱান গঢ়ি তুলিব নোৱাৰিলা। ধিক্, শত ধিক্ তোমালোকৰ অহোপুৰুষাৰ্থৰ।

বাৰ্মানে সাহস সঞ্চয় কৰি ক'লে- আমাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ, জাহাপনা।

তথাপিও দেশখন নিগনি পোৱালিৰেই ভৰি থাকিল, নহয়নে? আবচাৰিয়াবে তিৰস্কাৰৰ সুৰত ক'লে- বৃথাই তোমালোকক ম‍ই বেতন দি পুহি ৰাখিছোঁ। সকলো অপদাৰ্থৰ দল।

আমি এদিন নিশ্চয় সফল হ, জাহাপনা

মোৰ মৃত্যুৰ পাছত? নালাগে মোৰ ৰস্তমৰ দৰে পালোৱান। তোমালোকে ৰাজকাৰ্য এৰি নাঙলৰ মুঠিত ধৰাগৈ আৰু ম‍ই ৰাজপাট এৰি ফকিৰীলৈ দেশে দেশে ভিক্ষা মাগি ফুৰোঁগৈ৷

এনেতে হঠাৎ প্ৰহৰী এজন সোমাই আহি অভিবাদন কৰি ক'লে- জাহাপনা, তিনিজন মৌলবী আহি আপোনাৰ দৰ্শনৰ অপেক্ষাত দৰবাৰৰ বাহিৰত ৰৈ আছে।

আবচাৰিয়াবে কোনো ধৰণৰ চিন্তা-ভাৱনা নকৰাকৈয়ে কলে- মৌলবীসকলক দি আমি কি কৰিম? আমাৰ মৌলবীৰ প্ৰয়োজন নাই। আমাৰ ৰুস্তমৰ দৰে পালোৱানৰহে প্ৰয়োজন। যোৱা, সিহঁতৰ লগত মোৰ দেখা কৰাৰ সময় নাই বুলি কোৱাগৈ।

বাৰমানে পৰামৰ্শৰ সুৰত ক'লে- জাহাপনা, গুপ্তচৰসকলৰ মুখত জানিব পাৰিছোঁ যে, কায়কাউচে দেশৰ বচা বচা মৌলবীসকলৰ মূৰ খুৰাই অপমান কৰি ইৰাণৰপৰা খেদি পঠিয়াইছে। সেই বিতাড়িত মৌলবীসকলেই সম্ভৱতঃ আহিছে। শত্ৰুৰ শত্ৰুক আশ্ৰয় দিয়টো ৰাজনীতিৰ ধৰ্ম, জাহাপনা। যদি মৌলবীসকলক আশ্রয় দি হুলেৰে হুল কাঢ়াৰ ব্যৱস্থা কৰিব পৰা যায় সেয়া আমাৰ কাৰণে বেয়া নহ', জাহাপনা। তদুপৰি তেওঁলোক কি উদ্দেশ্য লৈ আহিছে জনাতনো আপত্তি কি? পালোৱানৰ সন্ধানতো আনিব পাৰে!

বাৰমানৰ যুক্তিত আবচাৰিয়াবৰ উত্তেজনা কিছু পৰিমাণে শাম কাটিল। তেওঁ প্ৰহৰীজনক উদ্দেশ্য কৰি ক'লে- যোৱা, মৌলবীসকলক ইয়ালৈ লৈ আহাগৈ।

প্ৰহৰী ওলাই যোৱাৰ খন্তেক পাছতে মৌলবীসকল সোমাই আহি অভিবাদন কৰি থিয় হল। আবচাৰিয়াব মৌলবীসকলক উদ্দেশ্য কৰি সুধিলে- কওঁক, কি উদ্দেশ্য লৈ আহিছে আপোনালোক?

আদিল বেগ দুখোজমান আগুৱাই আহি অভিবাদন কৰি ক'লে- জাহাপনাৰ জয় হওঁক। আমি ইৰাণৰপৰা আপোনাৰ সাহায্য বিচাৰি আহিছোঁ, জাহাপনা। কায়কাউচৰ অত্যাচাৰত ইৰাণৰ জনসাধাৰণ জৰ্জৰিত। গতিকে ইৰাণৰ জনসাধাৰণ আপোনাৰ সাহায্য প্রার্থী। আপুনি ইৰাণৰ সিংহাসন দখল কৰি ইৰাণৰ জনগণক কায়কাউচৰ নিৰ্যাতনৰপৰা ৰক্ষা কৰক, জাহাপনা।

প্ৰস্তাৱটো খুবেই লোভনীয় আছিল কায়কাউচৰ কাৰণে। কিন্তু এষাৰ কথা ভাবি তেওঁ মৰ্মাহত হ'ল। কাৰণ তেওঁ ইতিমধ্যে কেবাবাৰো

36ইৰাণ আক্ৰমণ কৰি বিফল হৈছে। প্ৰতিবাৰেই তেওঁ ৰুস্তমৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি মুখ থেকেচা খাই উভতি আহিব লগা হৈছে। গতিকে প্ৰস্তাৱটো লোভনীয় হ'লেওঁ আগৰ কেইবাৰৰ অভিজ্ঞতাৰ কথা ভাবি তেওঁ হতাশ হৈ উঠিল। তেওঁৰ নিজৰ জীৱনো বিপন্ন হোৱাৰ উপক্ৰম হৈছিল এবাৰ। ৰুস্তমৰ বদান্যতাৰ কাৰণেহে সিদিনা তেওঁ প্ৰাণলৈ কোনোমতে উভতি আহিবলৈ সক্ষম হৈছিল। সিবাৰৰ সেই মর্মান্তিক দৃশ্য চেলুলয়েডৰ পৰ্দাৰ দৰে তেওঁৰ চকুৰ আগত ভাহি উঠিল।

যুদ্ধ চলিছে। তয়া-ময়া যুদ্ধ।

ৰুস্তমৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি এটা সময়ত তুর্কী সৈন্য ছেদেলি-ভেদেলি হৈ পৰিছে। ফলত ৰণত ভংগ দি পৃষ্ঠ প্রদর্শন কৰি সৈনিকসকল মূৰে ভৰি কাঢ়ি যেনি-তেনি পলাই আছে। রুস্তমে পলৰীয়া সৈন্যবোৰক খেদি গৈ যাক য'ত পাইছে ধৰি ধৰি নিৰ্বিচাৰে হত্যা কৰিছে।

ৰুস্তম যেন সিদিনা তেজৰ বাবে উন্মত্ত হৈ উঠিছিল। বিজুলি চমকৰ দৰে তেওঁৰ তৰোৱাল শূন্যত জিলিকি উঠিছে আৰু পাছমুহূৰ্ততে শত্ৰুৰ মূৰত আঘাত হানিছে। লগে লগে তীব্ৰ আৰ্তনাদ কৰি তেজেৰে লুতুৰি-পুতুৰি হৈ মুণ্ডহীন দেহ ঘোঁৰাৰ পিঠিৰপৰা বাগৰি পৰিছে। মৰণোম্মুখ আৰ্তনাদত সমগ্ৰ ৰণভূমি মুখৰ হৈ উঠিছে। সেয়া এক কল্পনাতীত নাৰকীয় দৃশ্য। আবচাৰিয়াবৰ মনত আজিও সজীৱ হৈ আছে সেই লোমহর্ষক দৃশ্য।

আবচাৰিয়াব নিৰাপদ দূৰত্বৰপৰা সেই লোমহর্ষক দৃশ্য মাটিৰ মূৰ্ত্তিৰ দৰে নিশ্চল হৈ প্ৰত্যক্ষ কৰি আছিল। আতংক বিস্ময়ত তেওঁ যেন সিদিনা বাহ্যজ্ঞান হেৰুৱাই পেলাইছিল। পৃষ্ঠ প্ৰদৰ্শন কৰি পলোৱাৰ কথাও পাহৰি গৈছিল তেওঁ। স্থানুৰ দৰে তেওঁ ঘোঁৰাৰ পিঠিত বহি ঠক্‌ঠক্‌কৈ কঁপি আছিল।

আবচাৰিয়াবে তর্কিব নোৱাৰাকৈয়ে হঠাৎ ৰুস্তম বিজুলি সঞ্চাৰে আহি তেওঁৰ সম্মুখত থিয় হ'ল।

ৰস্তমৰ হাতত কোষমুক্ত তেজেৰে ৰঞ্জিত তৰোৱাল। চকু দুটা জবা ফুলৰ দৰে ৰঙা। দুচকুৰ পৰা যেন কমাৰৰ হাপৰৰ দৰে জুইৰ ফিৰিঙতি ছিটিকি ওলাই আছে।

সম্মুখত কালান্তক যম দেখি আবচাৰিয়াব আতংকত চকু মুদি ইষ্ট নাম স্মৰণ কৰিছিল- ইয়া আল্লাহ- আবচাৰিয়াবৰ আতংকিত বিধবস্ত চেহেৰা দেখি ৰস্তমে ভ্রূকুটি মিশ্ৰিত দৃষ্টিৰে আবচাৰিয়াবলৈ চাই ভৎসনা কৰি ক'লে- ভীৰু কাপুৰুষ, এইখিনি শক্তিলৈ পৰৰাজ্য গ্ৰাস কৰিবলৈ আহিছা কোন সাহসত?

আবচাৰিয়াবে কম্পিত কণ্ঠত প্ৰাণ-ভিক্ষা খুজিলে- এইবাৰৰ কাৰণে প্ৰাণ ভিক্ষা দিয়া, বীৰ। দ্বিতীয়বাৰ এনেকুৱা ধৃষ্টতা পুনৰ নকৰোঁ।

ৰুস্তমে তেতিয়া অৱজ্ঞামিশ্ৰিত দৃষ্টিৰে আবচাৰিয়াবলৈ চাই ক'লে- ক্ষমা প্রার্থী শত্ৰুৰ ওপৰত ৰুস্তমে কেতিয়াও আঘাত নাহানে। বাৰু, এইবাৰৰ কাৰণে তোমাক ম‍ই এৰি দিলোদ্বিতীয়বাৰ এনেকুৱা ধৃষ্টতা নকৰিবা। এইদৰে সঁকীয়াই দি হঠাৎ কিবা ভাবি তেওঁ সিদ্ধান্ত সলনি কৰি ক'লে- অৱশ্যে প্ৰাণ ভিক্ষা দিলেও তোমাক ম‍ই ঘোঁৰাৰ পিঠিত উঠি যাবলৈ নিদিও। তুমি খোজ কাঢ়িহে যাব লাগিব ইয়াৰপৰা। এইদৰে কৈয়ে কস্তমে আবচাৰিয়াবৰ ঘোঁৰাৰ পিঠিত ফুটবলৰ দৰে সজোৰে লাথি মাৰিলে। ঘোঁৰাটো লুটি খাই বাগৰি পৰিল আৰু আবচাৰিয়াব ঘোঁৰাৰ পিঠিৰপৰা ছিটিকি কেই হাতমান দূৰলৈ গৈ লুটি খাই পৰিল।

আবচাৰিয়াবে নিজক চম্ভালি প্ৰাণলৈ উৰ্দ্ধশ্বাসে দৌৰি নিজ সৈন্য দলৰ মাজলৈ আহিহে সিদিনা স্বস্তিৰ নিঃশ্বাস পেলাইছিল আৰু লাজ- অপমানত জৰ্জৰিত হৈ পৰাজয়ৰ কালিমা সানি যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহিছিল। ৰুস্তমৰ সমকক্ষ পালোৱানৰ সন্ধান নোপোৱালৈকে পুনৰ ইৰাণ আক্ৰমণ নকৰে বুলি সিদিনা তেওঁ প্ৰতিজ্ঞা কৰিছিল।

সিদিনাৰ সেই দৃশ্য চকুৰ আগত ভাহি উঠাৰ লগে লগে আবচাৰিয়াব হতাশ হৈ উঠিল। তেওঁ প্ৰস্তাৱটো পোনপটীয়া ভাবে প্রত্যাখান কৰি ক'লে- নাই নাই, ৰুস্তম জীয়াই থকালৈকে ইৰাণৰ সিংহাসন দখল কৰা অসম্ভৱ। ৰুস্তমৰ সমকক্ষ পালোৱানৰ সন্ধান পালেহে আমি ইৰাণ আক্ৰমণ কৰাৰ কথা চিন্তা কৰিম।

আচিফজাই আবচাৰিয়াবক উৎসাহিত কৰিবলৈ ক'লে- আমি সেই ব্যৱস্থা কৰিয়ে আহিছোঁ, জাহাপনাৰুস্তমতকৈও পৰাক্ৰমী পালোৱান আমি লগত লৈ আহিছোঁ। আপুনি মাথোন আমাৰ লগত সহযোগ কৰিলেই ৰুস্তম আৰু কায়কাউচৰ দৰ্প চিৰদিনৰ বাবে স্তব্ধ হৈ যাব।

আচাৰিয়াবে শংকিত কৌতুহলী দৃষ্টিৰে আচিফজাৰ ফালে চাই কলে- কোন সেইজন বীৰ?

আচিফজাই সেমেনা-সেমেনি কৰি ক'লে- চোহৰাব। ৰুস্তমৰ পুত্ৰ চোহৰাব, জাহাপনা ।

ৰুস্তমৰ নাম শুনাৰ লগে লগে আবচাৰিয়াব জাঁপ মাৰি থিয় হ'ল। তেওঁৰ মুখমণ্ডল শাওণ মহীয়া ক'লা ডাৱৰৰ দৰে ক'লা পৰি গ'ল। পাচমূহুৰ্ততে তেওঁ নিজক চম্ভালিলৈ আহত বাঘৰ দৰে গৰ্জি উঠিল- চোহৰাব! ৰস্তমৰ পুত্ৰ চোহৰাব! বাহুবলত ৰুস্তম, পাণ্ডিত্যত ৰুস্তম। কোনোবাদিনা শুনিম ৰুস্তমৰ জীয়েকে পাৰস্যোপসাগৰৰ পানী একে উশাহে শুহি পেলাইছে। রুস্তমে মোক বলিয়া কৰিহে এৰিব। নাই নাই, প্রয়োজন নাই আমাৰ এনেকুৱা বীৰৰ। এজন ৰুস্তমৰ ভয়তে সমগ্ৰ আৰব ভূমি অস্তমান। আন এজন কস্তমৰ অভ্যূত্থান ঘটাই আমি আমাৰ জীৱন বিপন্ন কৰিব নুখুজো ।

আদিল বেগে মাজতে ক'লে- আপুনি হতাশ নহ', জাহাপনা। চোহৰাব ৰস্তমতকৈ বহুগুণে অধিক শক্তিশালী। এইবাৰ ৰুস্তমৰ পৰাজয় নিশ্চিত।

আবচাৰিয়াবে শংকা প্রকাশ কৰি ক'লে- আপোনালোকৰ কথা বাৰু বুজিলো; কিন্তু চোহৰাব তেওঁৰ পিতাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ যাব কি স্বার্থত?

আদিল বেগৰ চকুযোৰ কূটিল হৈ উঠিল। সি ৰহস্যময় হাঁহি মাৰি ক'লে- স্বাৰ্থ নিশ্চয় আছে, জাহাপনা। আপোনাৰ কোনো চিন্তা নাই। আমি সেই ব্যৱস্থা কৰিয়ে আহিছোঁ। আদিল বেগে ইৰাণত ঘটা ঘটনাবোৰ বিৱৰি কৈ ক'লে- আমি ইৰাণত ঘটা এইবোৰ ঘটনাক তিলটোকে তালটো কৰি বিৱৰি কৈ চোহৰাবক কায়কাউচৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিছোঁ। আপোনাৰ দৰে চোহৰাবো এতিয়া কায়কাউচৰ ধ্বংস কামনাত অস্থিৰ হৈ উঠিছে, জাহাপনা

আবচাৰিয়াবৰ চকু-মুখত দুঃশ্চিন্তাৰ ছাঁ প্ৰকট হৈ উঠিল। তেওঁ চিন্তিত কণ্ঠত কলে- কিন্তু যদি পিতা-পুত্ৰৰ পৰিচয় হয়, তেতিয়া আমাৰ কি গতি হ'ব এই কথা জানো ভাবি চাইছে আপোনালোকে?

আদিল বেগৰ ওঁঠত কূটিল হাঁহিৰ ৰেখা বিৰিঙি উঠিল। ক'লে সি- যুদ্ধ শেষ নোহোৱালৈকে চোহৰাবৰ পৰিচয় গোপনে ৰখা হ', জাহাপনা। এনেকি ৰুস্তমৰ পৰিচয়ো চোহৰাবক জানিবলৈ দিয়া নহ'ব।

কিন্তু ই কেনেকৈ সম্ভৱ হ'? আবচাৰিয়াবে সংশয় মিহলি কণ্ঠত সুধিলে।

ই তেনেই সহজ কাম, জাহাপনা। আদিল বেগে কথাটো বুজাই ক'লে- চোহৰাব বা ৰুস্তম কোনেও কোনোদিন কাকো দেখা নাই। গতিকে কোনোবাই পৰিচয় কৰাই নিদিলে পিতা-পুত্ৰই একেলগে যুদ্ধ কৰিলেও কোনেও কাকো চিনিব নোৱাৰিব। ইফালে আমাৰ ফালৰ সৈন্যইহে মাথোন চোহৰাবকে চিনি পায়, ইৰাণৰ ফালৰ কোনো সৈন্যই চোহৰাবক চিনি নাপায়। গতিকে আমাৰ ফালৰ সৈন্যই যাতে চোহৰাবক ৰস্তমৰ লগত পৰিচয় কৰাই নিদিয়ে এই বিষয়ে আপুনি আমাৰ ফালৰ সৈন্যবোৰক সতৰ্ক কৰি দিব লাগিব।

ধৰিলো, যুদ্ধত যেনিবা আমাৰে জয় হ', যুদ্ধজয়ৰ পাছত চোহৰাবক চম্ভালিব কোনে? সি পিতৃ হত্যাৰ পোটক তুলিবলৈ যদি আমাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰে তেতিয়া আমাৰ গতি কি হ'? আবচাৰিয়াবে হতাশ কণ্ঠত সুধিলে।

যুদ্ধজয়ৰ পাছত আমি চোহৰাবক গুপ্ত হত্যাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়া মন্ত্ৰও সাধন হ'ব আৰু শৰীৰো পতন নহ'ব।

আদিল বেগৰ যুক্তি আবচাৰিয়াবৰ কিছু পৰিমাণে মনঃপুত হ'ল যদিও সম্পূৰ্ণৰূপে সংশয় মুক্ত হ'ব নোৱাৰিলে। সেয়ে তেওঁ এই বিষয়ে বাৰমানৰ মতামত বিচাৰিলে- সেনাপতি বাৰ্মান, এই বিষয়ে তোমাৰ অভিমত কি?

বাৰমানে উৎসাহিত কণ্ঠত ক'লে- প্ৰস্তাৱটো মোৰ বেয়া লগা নাই, জাহাপনা। তদুপৰি আমি নিজেতো যুদ্ধ নকৰোঁ, আমি মাথোন চোহৰাবক সহায়হে কৰিম। গতিকে জয়ৰ প্ৰভাৱ আমাৰ ওপৰত পৰিলেও পৰাজয়ৰ প্ৰভাৱ তেনেকৈ আমাৰ ওপৰত নপৰিব। সেয়ে সুযোগ আহিছে যেতিয়া চেষ্টা কৰি চোৱাতনো আপত্তি কি? ছাই দেখিলে উৰুৱাই চোৱাটো দেখোন শাস্ত্ৰৰে কথা।

বাৰমানৰ মন্তব্যত আবচাৰিয়াবৰ মনত কিছু আশাৰ সঞ্চাৰ হ'ল। তেওঁ ওঁঠ কামুৰি চকু মুদি কোনো ধৰণৰ মন্তব্য নকৰাকৈ কিছু সময় পাৰ কৰিলে।

আবচাৰিয়াবক মনে মনে থকা দেখি আচিফজা উৎসাহিত হৈ উঠিল। আবচাৰিয়াবক যুদ্ধৰ বাবে উচটাবলৈ সি টোপ পেলালে- ৰস্তম বৰ্তমান ইৰাণত নাই, জাহাপনা। তেওঁ খুৰমক হত্যা কৰিবলৈ তাৰ পিছে পিছে খেদি ফুৰিছে। গতিকে যিমান সোনকালে ইৰাণ আক্ৰমণ কৰিবপৰা যায় সিমানেই আমাৰ কাৰণে মংগল। এয়া একেবাৰে সুবর্ণ সুযোগ, জাহাপনা। এতিয়া আক্ৰমণ কৰিলে আমাৰ জয় অনিবার্য।

আবচাৰিয়াবে বাৰ্মানক উদ্দেশ্য কৰি ক'লে- বাৰু, ম‍ই যুদ্ধ কৰিবলৈ সাজু। বাৰমান যোৱা, যুদ্ধৰ বাবে সৈন্যবোৰক সাজু কৰি তোলাগৈ। কাইলৈয়ে আমি যুদ্ধত অৱতীৰ্ণ হমহি।

'যথা আজ্ঞা' বুলি বাৰ্মান ওলাই গ'ল। বাৰ্মান ওলাই যোৱাৰ পাছত আবচাৰিয়াবে মৌলবীসকলক উদ্দেশ্য কৰি ক'লে- যাওঁক চোহৰাবক এই সুখবৰটো দিয়কগৈ। কাইলৈ দুপৰীয়াৰ ভিতৰতে আমি গৈ চোহৰাবৰ লগত মিলিত হমহি।

হর্ষোৎফুল্লিত হৈ মৌলবীসকল আবচাৰিয়াবৰ বিজয় ঘোষণা কৰি ৰংমহলৰ পৰা ওলাই গ'ল।

ভাবী বিজয়ৰ আনন্দত আবচাৰিয়াবৰ মন ফৰকাল হৈ উঠিল। দাঁত মুখ কৰচি তেওঁ অস্ফুট কণ্ঠত কৈ উঠিল- কায়কাউচ, এইবাৰ তোমাৰ পৰাজয় নিশ্চিত। ৰস্তমৰ বংশত চাকি দিবলৈও মই এটা প্রাণীও জীৱিত থাকিবলৈ নিদিও। এয়া মোৰ কচম। এইদৰে কৈয়ে আবচাৰিয়াব উৎফুল্লিত ভাবে দপদপাই ৰংমহলৰ পৰা ওলাই গ'ল।

সেইদিনাৰ কাৰণে ৰংমহলৰ আমোদ-প্রমোদ সিমানতে অন্ত পৰিল।

                *  *      *

 

 

 

 

                                    (ওঠৰ)

দোভাগ নিশা মৌলবীসকল আহি ছাউনী পালেহি।

গভীৰ উৎকণ্ঠালৈ চোহৰাব মৌলবীসকলৰ আগমন অপেক্ষাত ৰৈ আছিল। মৌলবীসকলক দেখি তেওঁ আগবাঢ়ি আহি সুধিলে- তুৰস্কৰ বাদচাহে সহায় কৰিবলৈ সম্মত হৈছে নেকি, মহামহিমসকল?

আদিল বেগে গর্বিত কণ্ঠত ক'লে- নিশ্চয়, নিশ্চয় যুৱক। তুৰস্ক বাহিনী কাইলৈ আবেলিৰ ভিতৰতে আহি আমাৰ লগত মিলিত হবহি। সেয়ে আমি কাইলৈ ইৰাণ আক্ৰমণ কৰিব পৰাকৈ আমাৰ বাহিনী সাজু কৰি ৰাখিব লাগিব।

আবচাৰিয়াবে সহায়ৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ কথা শুনি চোহৰাব উৎফুল্লিত হৈ উঠিল। তেওঁৰ উৎফুল্লৰ কাৰণো স্পষ্ট। প্ৰথমটো কাৰণ পিতাকৰ দৰ্শন আৰু দ্বিতীয়টো কাৰণ ইৰাণৰ বাদচাহৰ স্বেচ্ছাৰিতাৰপৰা নিজৰ বংশধৰ সকলক উদ্ধাৰ। এই দুটা কাৰণত উৎসাহিত হৈ চোহৰাব আসন্ন যুদ্ধৰ কৌশল ৰচনাত ব্যস্ত হৈ পৰিল আৰু উৎকণ্ঠা উত্তেজনাৰ মাজতে তেওঁ ওৰেটো নিশা প্ৰায় উজাগৰেই কটাই দিলে।

পাছদিনা দুপৰীয়া প্ৰতিশ্ৰুতি অনুসৰি সেনাপতি বাৰ্মানৰ নেতৃত্বত তুর্কী বাহিনী আহি চোহৰাবৰ লগত মিলিত হ'ল। আবচাৰিয়াবে চোহৰাবক সেনাপতি আৰু বাৰ্মানক সহকাৰী সেনাপতিৰ দায়িত্বভাৰ অৰ্পণ কৰিলে।

তাৰ পাছত যুদ্ধৰ অনুকূল প্রতিকূল পৰিস্থিতিৰ বিষয়ে আলোচনা সমাপ্ত কৰি চোহৰাব আৰু তুৰস্কৰ সম্মিলিত বাহিনী ইৰাণ সীমান্ত অভিমুখে দুগুণ উৎসাহেৰে ৰাওণা হ'সম্মিলিত বাহিনী আবেলি আহি ইৰাণ সীমান্তত উপস্থিত হ'ল।

সিফালে গুপ্তচৰসকলৰ মুখৰপৰা তুৰস্ক বাহিনীৰ আগমনৰ বাতৰি পাই তুৰস্ক বাহিনী সীমান্তলৈ আহি পোৱাৰ আগতেই সেনাপতি গেওৰ নেতৃত্বত এদল ইৰাণী সৈন্য আসন্ন আক্ৰমণ প্ৰতিৰোধৰ বাবে ইৰাণ সীমান্তত সষ্টম হৈ ৰৈ থাকিল।

তুৰস্ক বাহিনী আহি সীমান্তত উপস্থিত হোৱাৰ লগে লগে ইৰাণী বাহিনী আসন্ন আক্ৰমণ প্ৰতিৰোধৰ বাবে সষ্টম হৈ উঠিল।

 ইৰাণী বাহিনীৰ অৱস্থানলৈ লক্ষ্য কৰি তুৰস্ক বাহিনী যাত্ৰা স্থগিত কৰি ৰৈ গ'ল। চোহৰাব আসন্ন যুদ্ধৰ বাবে নিজৰ বাহিনীক শাৰী পাতি থিয় হ'বলৈ নিৰ্দেশ দিলে। চোহৰাবৰ নিৰ্দেশ অনুসৰি তুৰস্ক বাহিনী শাৰী পাতি থিয় হ'ল।

আসন্ন যুদ্ধক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত প্ৰচণ্ড উত্তেজনা বিৰাজ কৰিবলৈ ধৰিলে। উত্তেজনাত দুয়োপোক্ষৰ সৈন্যৰ তেজৰ গতি উত্তাল হৈ উঠিল। চকু-মুখত বিৰাজ কৰিবলৈ ধৰিলে উৎকণ্ঠা উত্তেজনা। দুয়োপক্ষৰ সৈন্যৰ দৃষ্টি পথৰপৰা জল-স্থল-অন্তৰীক্ষ অদৃশ্য হৈ পৰিল। উভয় পক্ষ সৈন্যৰ দৃষ্টি নিৱদ্ধ হ'ল বিপৰীত পক্ষৰ সৈন্যৰ গতি-বিধিৰ ওপৰত। কেইটামান মুহূৰ্তৰ কাৰণে যেন যুদ্ধক্ষেত্ৰ নিস্তব্ধ হৈ পৰিল আৰু সেই নিস্তব্ধতাই ধুমুহা অহাৰ পূৰ্ব লক্ষণৰ ইংগিত বহন কৰিবলৈ ধৰিলে।

ইৰাণী বাহিনী থিয় হ'ল আসন্ন আক্ৰমণ প্ৰতিৰোধৰ বাবে আৰু তুৰস্ক বাহিনী থিয় হ'ল আগ্রাসী আক্ৰমণৰ বাবে।

এদল যেন আক্রমণোদ্যত চিকাৰী বাঘ আৰু আনদল যেন আক্ৰমণ প্ৰতিৰোধৰ বাবে শাৰী পাতি ৰৈ থকা হিংস্ৰ ম'হ।

চোহৰাবে ইৰাণী বাহিনীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি বাৰ্মানক উদ্দেশ্য কৰি সুধিলে- সৌৱা শ শ ইৰাণী সেনা আমাৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে শাৰী পাতি ৰৈ আছে, সৌ সেনাদলৰ মাজত ৰুস্তম কোন?

খুৰমৰ প্ৰাণদণ্ডাদেশ কার্যকৰী কৰাৰ কাৰণে ৰুস্তম ৰাজধানীৰ বাহিৰত আছিল। ফলত তুৰস্ক বাহিনীৰ আগমনৰ বাতৰি পাই অতি কম সময়ৰ ভিতৰত আক্ৰমণ প্ৰতিৰোধৰ বাবে ওলাই আহিব লগা হোৱাত ইৰাণী বাহিনী ৰস্তমৰ অবিহনেই যুদ্ধক্ষেত্ৰলৈ আহিব লগা হৈছে। সেয়ে ৰুস্তম যুদ্ধক্ষেত্ৰত উপস্থিত নাছিল। তদুপৰি ৰুস্তম যুদ্ধক্ষেত্ৰত উপস্থিত থাকিলেও বাৰমানে চোহৰাবক ৰুস্তমৰ পৰিচয় নিদিলেহেঁতেন। তথাপি কৌতুহলবশতঃ বাৰমান যুদ্ধ ক্ষেত্ৰলৈ দৃষ্টি প্ৰসাৰিত কৰি ৰস্তমক নেদেখি ক'লে- সৌ সৈন্যদলৰ মাজত ৰস্তম নাই, যুৱক। আমি গুপ্তচৰৰ মুখত শুনামতে তেওঁ খুৰমৰ প্ৰাণদণ্ডাদেশ কার্যকৰী কৰাৰ কাৰণে বৰ্তমান ইৰাণৰ বাহিৰত আছে। এয়াই আমাৰ কাৰণে সুবর্ণ সুযোগ, যুৱক। এতিয়া আক্ৰমণ কৰিলে আমাৰ জয় অনিবার্য।

চোহৰাবে হতাশ কণ্ঠত কলে- তেনেহ'লে আজি আমি আক্ৰমণ কৰি লাভ নাই। আগতে ৰুস্তম আহক তাৰ পাছত আমি আক্ৰমণ কৰিম। কথাতে আছে, সমানে সমানে কৰিবা কাজ, হৰা জিতা নাই লাজ। প্রতিপক্ষ সমান জোখৰ নহ'লে যুদ্ধ কৰি আনন্দ নাই।

আবচাৰিয়াৰ ওচৰতে ৰৈ চোহৰাব আৰু বাৰ্মানৰ কথা-বতৰা শুনি আছিল। তেওঁ দ্রুত চোহৰাবৰ ওচৰলৈ আহি তিৰস্কাৰৰ সুৰত ক'লে- নিৰোধৰ দৰে কথা নকবা, যুৱক। ৰুস্তম অহাৰ আগতেই আমি ইৰাণ দখল কৰিব লাগিবৰুস্তম আহি পালে আমাৰ সকলো প্ৰচেষ্টা অথলে যাব।

চোহৰাবে দৃঢ় প্রত্যয়ৰ সুৰত ক'লে- ভয় নাই, ৰুস্তম আহিলেও জয় আমাৰে হ'ব। আপুনি এই বিষয়ে নিশ্চিন্ত থাকিব পাৰে।

আবচাৰিয়াবে আতংকিত কণ্ঠত ক'লে- কস্তমৰ পৰাক্ৰমৰ কথা নাজানা বুলিহে তুমি ইমান আত্মপ্রত্যয়েৰে কথা ক'ব পাৰিছা, যুৱক। কস্তম অকলেই হাজাৰ্জন। তেওঁৰ পৰাক্ৰমৰ কথা জানিলে ইমান আত্মপ্রত্যয়েৰে কথা ক'ব নোৱাৰিলাহেঁতেন। আমি ৰুস্তমৰ পৰাক্ৰমৰ কথা জানো, গতিকে তোমাৰ দৰে আমাৰ আত্মপ্রত্যয় নাই। তদুপৰি সহজে কৰিবপৰা কাম এটাৰ কাৰণে বৃথা বিলম্ব কৰি শক্তি অপচয় কৰাৰ কোনো যুক্তি নাই ।

আবচাৰিয়াবৰ উৎকণ্ঠা দেখিও চোহৰাব বিচলিত নহ'ল। তেওঁৰ মুখৰ অভিব্যক্তি আগৰ দৰেই শান্ত-স্নিগ্ধ আৰু দৃঢ় হৈয়ে থাকিল। কলে তেওঁ- আপুনি মিছাতে উৎকণ্ঠিত হৈছে। এষাৰ কথাত বিশ্বাস ৰাখক, ৰস্তম আহিলেও জয় আমাৰে হ'ব।

আবচাৰিযাব উত্তেজিত হৈ উঠিল। তেওঁ তীব্ৰ কণ্ঠত চোহৰাবৰ মন্তব্যৰ প্ৰতিবাদ কৰি উঠিল- তেনেহ'লে তুমি তোমাৰ বাহিনীলৈ ৰস্তমৰ কাৰণে অপেক্ষা কৰি থাকা আৰু আমি আমাৰ বাহিনীলৈ যুদ্ধক্ষেত্র ত্যাগ কৰি গুচি যাওঁগৈ৷

চোহৰাবৰ কপাল বিৰক্তিত কোঁচ খাই উঠিল। কৌতুকত চকুৰ মণি নাচি উঠিল। আবচাৰিয়াবৰ সহায় অবিহনেই ৰুস্তমৰ অনুপস্থিতিত তাকৰীয়া সৈন্যৰেই তেওঁ যুদ্ধজয় কৰিব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে। গতিকে আবচাৰিয়াবৰ সহায়ৰ প্ৰয়োজন নাই বুলি ক'বলৈ মন গ'ল তেওঁৰ। কিন্তু আবচাৰিয়াবৰ চকু-মুখত জিঘাংসাৰ প্ৰতিচ্ছবি ফুটি উঠা দেখি তেওঁ নিজক সংযত কৰিবলৈ বাধ্য হ'ল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি তেওঁ আবচাৰিয়াবক জোকাই ল'ব নিবিচাৰিলে। তেওঁ ভাবিলে, বর্তমান পৰিস্থিতত আবচাৰিয়াবক জোকাই ল'লে বাটৰ কচু গাত ঘঁহি লোৱাৰ লেখীয়া কথা হ'ব। কাৰণ আবচাৰিয়াবক জোকাই ল'লে পোনতে তেওঁ আবচাৰিবৰ লগত যুদ্ধ কৰিহে ইৰাণী বাহিনীৰ লগত যুদ্ধ কৰিবলৈ সক্ষম হ'ব। কাৰণ তেনেকুৱা এক জিঘাংসাই পৰিস্ফূটিত হৈ আছে আবচাৰিয়াবৰ চকু-মুখত। গতিকে চোহৰাবে নিজক চম্ভালি লৈ ক'লে- বাৰু, আপোনাৰ ইচ্ছাই পূর্ণ হওঁক। এইদৰে কৈয়ে তেওঁ আবচাৰিয়াবৰ অনুমতিলৈ অপেক্ষা নকৰি জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি ইৰাণী বাহিনীৰ ফালে ঘোঁৰা চেঁকুৰালে। চকুৰ পচাৰতে তেওঁ আহি ইৰাণী বাহিনীৰ সন্মুখত উপস্থিত হ'ল।

চোহৰাব ইৰাণী বাহিনীৰ সন্মুখত উপস্থিত লগে লগে কেইজনমান বাচকবনীয়া ইৰাণী সৈন্য বীৰ বিক্ৰমেৰে চোহৰাবৰ ফালে আগবাঢ়ি আহি তেওঁক চাৰিওফালৰ পৰা আগুৰি ধৰিলে। কিন্তু চোহৰাবৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি সিহঁত কিছু সময়ৰ ভিতৰতে পৃষ্ঠ প্ৰদৰ্শন কৰি পলাই যাবলৈ বাধ্য হ'ল। সৈন্যকেইজনৰ পিছে পিছে খেদি গৈ চোহৰাবে উচ্চকণ্ঠত তিৰস্কাৰৰ সুৰত ক'বলৈ ধৰিলে- ভীৰু, কাপুৰুষৰ দল, এইখিনি শক্তিলৈ যুদ্ধ কৰিবলৈ আহিছিলি? আগতে শুনিছিলো ইৰাণ বীৰৰ দেশ; কিন্তু এতিয়া দেখিছো ইৰাণ কাপুৰুষৰহে দেশ। বীৰ শূন্য ইৰাণত আছে মাথোন কেইটামান ভেড়াহে। তহঁত যুদ্ধক্ষেত্র ত্যাগ কৰি ঘৰলৈ গৈ হালৰ মুঠিত ধৰগৈ, যা। তহঁতৰ হাতত তৰোৱাল শোভা নাপায়, শোভা পাব নাঙলৰ মুঠিহে। যা, তহঁত গুচি গৈ ৰুস্তমক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই দেগৈ।

ৰুস্তমৰ কনিষ্ঠ পুত্ৰ কদম ইৰাণী সৈন্যদলৰ মাজত ৰৈ আছিল। তাৰ বয়স মাথোন বাৰ বছৰ। কিন্তু বয়সৰ তুলনাত দীর্ঘ দেহ। বলিষ্ঠ শৰীৰ। দুঃসাহসীও। কাকো নজনোৱাকৈ সি যুদ্ধৰ আলেখ-লেখ চাবলৈ যুদ্ধক্ষেত্ৰলৈ বুলি ওলাই আহিছে। সৈন্যদলৰ মাজত ৰৈ সি চোহৰাবৰ দাম্ভিকতাপূর্ণ কথাবোৰ শুনি উত্তেজিত হৈ উঠিল আৰু আগ-পাছ নাভাবি কোনেও তর্কিব নোৱাৰাকৈ জাঁপমাৰি ঘোঁৰাৰ পিঠিত উঠি উদ্দাম উত্তাল গতিত ঘোঁৰা চেঁকুৰাই চোহৰাবৰ ফালে আগবাঢ়িল।

কদম চোহৰাবৰ ওচৰলৈ আহিয়ে উদ্ধত ভংগীত ক'লে- বীৰ, তুমি তোমাৰ তিৰস্কাৰ প্ৰত্যাহাৰ কৰা। কোৱা, ইৰাণ বীৰৰ দেশ। কদমৰ সাহস দেখি চোহৰাব অভিভূত হৈ পৰিল। সামান্য এজন কিশোৰৰ সাহস আৰু আত্মসম্মানবোধ দেখি তেওঁ আচৰিতো হ'ল। তথাপি তেওঁ শেন মেলি ৰং চোৱাৰ উদ্দেশ্য ক'লে- ইৰাণ যে বীৰৰ দেশ সেয়াতো মই স্বচক্ষেই দেখিবলৈ পালো। বাচকবনীয়া বীৰসকল পৃষ্ঠ প্ৰদৰ্শন কৰি পলাই গৈ এজন কিশোৰক পঠালে যুদ্ধক্ষেত্ৰলৈ। ইৰাণত ইমানবোৰ বীৰ থাকোতে তুমি কিয় যুদ্ধ ক্ষেত্ৰলৈ আহিলা? যোৱা, তুমি উভতি গৈ ৰুস্তমক পঠিয়াই দিয়াগৈ।

ৰুস্তমৰ কথা কোৱাত কদমে আস্ফালন কৰি ক'লে- তোমাৰ সাহসতো কম নহয়! ৰুস্তমৰ লগত তুমি যুদ্ধ কৰিব খুজিছা কোন সাহসত? ৰুস্তমৰ সাধাৰণ এটা আঘাতো প্রতিহত কৰাৰ ক্ষমতা নাই তোমাৰ। আগতে মোৰ লগত যুদ্ধ দিয়া, পাছত ৰুস্তমৰ কথা চিন্তা কৰিবা।

কদমে ৰস্তমৰ প্ৰশংসা কৰা দেখি আনন্দত চোহৰাবৰ চকুপানী ওলোৱাৰ উপক্ৰম হ'ল। তেওঁ কোনোমতে চকুপানী সম্বৰণ কৰি বিস্ময় বিমুগ্ধ দৃষ্টিত কদমৰ ফালে চাই সুধিলে- তোমাৰ নাম কি, ভাইটি ?

মোৰ নাম জানি তুমি কি কৰিবা? কদমে চোহৰাবক ভৎসনা কৰি ক'লে- সাহস আছে যদি যুদ্ধ দিয়া, নহ'লে পৃষ্ঠ প্ৰদৰ্শন কৰি পলাই যোৱা ।

চোহৰাবে দৃঢ় কণ্ঠত কলে- পৰিচয় নাপালে মই তোমাৰ শৰীৰত অস্ত্রাঘাত নকৰোঁ।

বাৰু, শুনিব খুজিছা যেতিয়া শুনা। কদমে গর্বিত কণ্ঠত ক'লে- মোৰ নাম কদম আৰু মহাবীৰ ৰুস্তম মোৰ দেউতা।

কদম!

কদম ৰুস্তমৰ পুত্ৰ! তাৰ মানে চোহৰাবৰ ভায়েক। কদমৰ সাহস দেখি চোহৰাৰ আগতেই তাক ৰুস্তমৰ কোনোবা বংশধৰ বুলি ধাৰণা কৰিছিল। পৰিচয় পাই তেওঁ আবেগিক হৈ উঠিল আৰু কণ্ঠস্বৰ বাষ্পাৰূদ্ধ হৈ উঠিল। গৰ্বত তেওঁৰ বুকু ফুলি উঠিল। নিজৰ পৰিচয় দি কদমক বুকুত সাৱটি ধৰিবলৈ উদ্বাউল হৈ উঠিল তেওঁ। কিন্তু তেওঁৰ মৌলবীসকলক দিয়া প্ৰতিশ্ৰুতিৰ কথা মনত পৰি গ'ল। তেওঁ প্রতিজ্ঞাবদ্ধ! যুদ্ধ চলি থকা সময়ত সকলো পৰিস্থিতিতে তেওঁ নিজৰ পৰিচয় গোপনে ৰাখিব বুলি মৌলনাসকলৰ ওচৰত প্ৰতিজ্ঞা কৰিছে। এনেকি স্বয়ং ৰুস্তম আহি তেওঁৰ লগত যুদ্ধ কৰিলেও তেওঁ নিজৰ পৰিচয় দিব নোৱাৰিব। সেয়ে চোহৰাবে কোনোমতে নিজক সংযত কৰি আবেগ বিহবল কণ্ঠত ক'লে- ভাইটি, তোমাৰ সম্মুখত উজ্জ্বল ভৱিষ্যত পৰি আছে। ইৰাণৰো তোমাৰ দৰে বীৰৰ প্ৰয়োজন আছে। তদুপৰি তোমাৰ দৰে ফুলকুমলীয়া শিশুৰ গাত অস্ত্রাঘাত কৰিবলৈও মোক বিবেকে বাধা দি আছে। তুমি মোক শিশুবধৰ দৰে অপৰাধৰ পৰা ৰক্ষা কৰা, ভাইটি।

নাই নাই, তোমাৰ কোনো কথাই মই নুশুনো। কদম সিংহৰ দৰে গৰ্জি উঠিল- তুমি ইৰাণ বীৰ শূন্য কাপুৰুষৰ দেশ বুলি উপহাস কৰিছা, তোমাক ম‍ই বুজাই দিম যে, ইৰাণ কাপুৰুষৰ দেশ নহয়- ইৰাণ বীৰৰহে দেশ। বীৰ, মোৰ আঘাত প্রতিহত কৰা.......

এইদৰে কৈ কদম সিংহ বিক্ৰমত আহি চোহৰাবক লক্ষ্য কৰি অস্ত্রাঘাত কৰিলে। চোহৰাবে হেলাৰঙে সেই আঘাত প্রতিহত কৰিলে।

যুদ্ধ চলিল। এজন ফুলকুমলীয়া শিশু আৰু এজন তেজোদীপ্ত যুৱক। এজন ৰাতিপুৱাৰ কোমল সূৰ্য আৰু এজন মধ্যাহ্নৰ তেজোদীপ্ত সূর্য।

কদম উপর্যুপৰি অস্ত্রাঘাত কৰি যাবলৈ ধৰিলে আৰু চোহৰাবে সেই আঘাত প্ৰতিহত কৰি যাবলৈ ধৰিলে। কদম কিশোৰ হ'লেও অস্ত্র চালনাৰ কৌশল অপূর্ব। এজন প্রকৃত যোদ্ধাৰ দৰেই তাৰ ৰণ কৌশল। শক্তিতো যেন এজন পূৰ্ণ বয়স্ক যুৱক। কদমৰ বীৰত্ব আৰু ৰণ কৌশল দেখি চোহৰাব অভিভূত হৈ পৰিল।

উভয় পক্ষৰ সৈন্যই বিস্ময়াভিভূত হৈ সেই অভাৱনীয় দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ধৰিলে। যুদ্ধাদ্বয়ক উৎসাহিত কৰিবলৈ জয়ধ্বনি দিয়াৰ কথা পাহৰি সিহঁত স্থানুৰ দৰে থিয় দি থাকিল।

এবাৰ কদমৰ আঘাত প্ৰতিহত কৰিবলৈ গৈ হঠাৎ চোহৰাবৰ তৰোৱাল কদমৰ বুকুত বিদ্ধ হ'ল। অস্ফুট আর্তনাদ কৰি কদম ঘোঁৰাৰ পিঠিৰপৰা বাগৰি পৰিল। চোহৰাব নিজৰ তৰোৱাল দলিয়াই পেলাই ঘোঁৰাৰ পিঠিৰপৰা জাঁপ মাৰি নামি কদমক সাৱটি ধৰি চিঞৰি উঠিল- কদম!

যন্ত্ৰণাত কদমৰ মুখমণ্ডল বিকৃত হৈ উঠিল। সেহাই সেহাই ক'লে সি- কোৱা বীৰ, ইৰাণ বীৰ শূন্য নহয়৷

চোহৰাব আবেগ বিহ্বল হৈ পৰিল। প্ৰচণ্ড অনুশোচনাত তেওঁৰ হৃদয় ক্ষত-বিক্ষত হ'বলৈ ধৰিলে। ই কি কৰিলে তেওঁ! ভ্রাতৃ হত্যা! আঃ! চোহৰাবে নিজৰ বুকুত খামুচি ধৰি বাষ্পাৰূদ্ধ কণ্ঠত ক'লে- মই মোৰ বাক্য প্ৰত্যাহাৰ কৰিলো, কদম। তোমাৰ দৰে বীৰ প্ৰসৱিনী দেশ কেতিয়াও বীৰ শূন্য হ'ব নোৱাৰে। তোমাৰ বীৰত্বত মই অভিভূত।

কদমৰ যন্ত্ৰণা বিকৃত মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। ওঁঠৰ কোণত বিৰিঙি উঠিল তৃপ্তিৰ হাঁহি। ক'লে সি- দেশ মাতৃৰ সম্মান ৰক্ষা কৰিবলৈ আহি জীৱন দিবলৈ পাই ম‍ই নিজকে ধন্য মানিছোঁ, বীৰ। এইদৰে কৈ কদম কাতৰ মিনতি ভৰা সুৰত ক'লে- তুমি মোৰ এটা অনুৰোধ ৰাখিবানে, বীৰ?

চোহৰাবে বিব্ৰত কণ্ঠত কলে- কোৱা কদম, কি তোমাৰ অনুৰোধ? মোৰ জীৱন দি হ'লেও ম‍ই তোমাৰ অনুৰোধ ৰক্ষা কৰিম।

তুমি মোক আতাজানৰ ওচৰলৈ লৈ ব'লা, বীৰ। আতাজানে মোক খুউব ভাল পায়। তেওঁ নিজ হাতে মোক অস্ত্রশিক্ষা দিছে। দেশতকৈ কোনো ডাঙৰ নহয়, এই শিক্ষাও ম‍ই আতাজানৰ পৰাই পাইছো। দেশৰ কাৰণে প্ৰাণ বলি দিব পৰাটো হেনো গৌৰৱৰ কথা। দেশ মাতৃৰ সেৱাই হেনো পৰম ধৰ্ম। এইবোৰ কথা আতাজানে মোক বহুদিন কৈছে। মোৰ এই বীৰত্বব্যঞ্জক মৃত্যু দেখিলে আতাজান বৰ আনন্দিত হ'ব। কদমৰ কণ্ঠস্বৰ লাহে লাহে ক্ষীণৰপৰা ক্ষীণতৰ হৈ আহিবলৈ ধৰিলে। শেষত সি কোনোমতে সেহাই সেহাই ক'লে- জয় ইৰাণৰ জ-য়। জয়--- মাতৃভূমিৰ জ-য়

কদমৰ কণ্ঠস্বৰ স্তব্ধ হৈ গ'ল। সি শেষ নিশ্বাস ত্যাগ কৰি মৃত্যুৰ কোলাত ঢলি পৰিল। এক বিৰাট সম্ভাৱনা অকালতে চিৰদিনৰ বাবে হেৰাই গ'ল।

চোহৰাবে হেৰালে ভায়েক- কস্তুমে হেৰালে যোগ্য উত্তৰাধিকাৰী, ফাতিমাই হেৰালে বুকুৰ কলিজা, জালে হেৰালে চকুৰ জ্যোতি আৰু ইৰাণে হেৰালে এক উজ্জ্বল ৰত্ন।

কদমৰ অকাল মৃত্যুত চোহৰাব এফালে যেনেকৈ শোকত ভাঙি পৰিল, আনফালে কদমৰ দেশ ভক্তি দেখি আনন্দত আপ্লুত হৈ উঠিল। তেওঁ শোক মিশ্রিত আনন্দত কদমক জোৰেৰে সাৱটি ধৰি চিঞৰি উঠিল- কদম----

নাই, কদম নাই। সি হেৰাই গ'ল চিৰদিনৰ বাবে। গধূলিৰ সূৰুযেও কদমৰ আত্মবলিদানত অভিভূত হৈ সন্ধ্যাৰাগৰ আভাৰে কদমৰ গাত ৰঙা চন্দন ছটিয়াই শোকাভিভূত হৈ পশ্চিম দিগন্তত ঢলি পৰিল। ধৰাৰ বুকুলৈ নামি আহিল শোক স্তব্ধ এজাক ক'লা আন্ধাৰ।

দুয়োপক্ষৰ সৈন্যই সিদিনাৰ কাৰণে যুদ্ধ বিৰতি ঘোষণা কৰি যাৰ যাৰ শিৱিৰ অভিমুখে ৰাওণা হৈ গ'ল।

চোহৰাৰ আন্ধাৰৰ সুযোগ লৈ কদমৰ শেষ অনুৰোধ ৰক্ষা কৰিবলৈ তাৰ শৱদেহ কান্ধত তুলি মহাবীৰ জালক বিচাৰি ওলাল।

                *     *   *   *

 

 

 

                                           (ঊনৈছ)

খুৰমৰ দ্বাৰা চাহজাদীক প্ৰত্যাখান আৰু চাহজাদী ঝুমুৰৰ নিৰুদ্দেশৰ পাছৰে পৰা কায়কাউচ স্বাভাৱিকতে নিৰুদ্ধ আক্রোশত জ্বলি-পুৰি আছিল। ভূতৰ ওপৰত দানহ পৰাদি যুদ্ধত পৰাজয়ৰ বাতৰি শুনি তেওঁ প্ৰচণ্ড ভাবে উত্তেজিত ও ক্ষুব্ধ হৈ উঠিল। তেওঁ তাৎক্ষণিক ভাবে সেনাপতি গেওক মন্ত্রণা কক্ষলৈ মাতি পঠিয়ালে।

কদমৰ মৃত্যু আৰু যুদ্ধত পৰাজয়ৰ গ্লানিত গেও স্বাভাৱিকতে ম্ৰিয়মান হৈ পৰিছিল। ক্ষত-বিক্ষত বিমর্ষ ভাবে তেওঁ মন্ত্রণা কক্ষলৈ সোমাই আহি অভিবাদন কৰি তলমূৰ হৈ থিয় দি ৰ'ল।

কায়কাউচে ক্ষোভ প্রকাশ কৰি ক'লে- ধিক্, শত ধিক্, তোমালোকৰ বীৰত্বৰ। সামান্য এজন যুৱকৰ বিক্ৰমত পৃষ্ঠ প্ৰদৰ্শন কৰি পলাই আহিলা? ইৰাণৰ মান-সম্মান, গৌৰৱ জলাঞ্জলি দি আহিলা সামান্য এজন যুৱকৰ পৰাক্ৰমৰ ওচৰত? ভেড়াৰ দৰে পৃষ্ঠ প্ৰদৰ্শন কৰি পলোৱাৰ সময়ত লাজ নালাগিলনে তোমালোকৰ?

গেও মূৰ নোতোলাকৈয়ে ক'লে- জাহাপনা, স্বীকাৰ কৰিবলৈ লাজ নাই, যে চোহৰাবৰ পৰাক্ৰমৰ আগত আমি যেন সঁচাকৈয়ে একো একোজন দুগ্ধপোষ্য শিশু। চোহৰাব যুৱক হ'লেও অমিত বলশালী। ৰুস্তমৰ বাহিৰে তাৰ সমকক্ষ বীৰ আমাৰ সৈন্য দলত নাই, জাহাপনা।

ছোহৰাবৰ বীৰত্বৰ প্ৰশংসা শুনিবলৈ তোমাক ম‍ই মাতি অনা নাই, গেও। আচলতে তোমালোক একো একোজন ভীৰু কাপুৰুষ। এজন সামান্য দুগ্ধপোষ্য শিশুৰ যি আত্মসম্মানবোধ আছে সেয়াও নাই তোমালোকৰ। এজন শিশু গ'ল ইৰাণৰ মান সম্মান ৰক্ষা কৰিবলৈ আৰু তোমালোকে নিৰাপদ দুৰত্বত অৱস্থান লৈ কলংকৰ কালিমা মুখত সানি পলাই আহিলা? এইদৰে কৈ কায়কাউচে কদমৰ বীৰত্বৰ প্ৰশংসা কৰি ক'লে- কদমৰ বীৰত্বত ম‍ই অভিভূত। কাইলৈ কদমৰ সম্মানার্থে যুদ্ধ বন্ধ ৰাখি ৰাজকীয় মৰ্যদাৰে তাক সমাধিস্থ কৰাৰ ব্যৱস্থা কৰা। পৰহিলৈ যেনেকৈয়ে হওঁক সেই যুৱকৰ ছিন্ন শিৰ মই চাব বিচাৰোঁএয়া মোৰ আদেশ।

গেওৱে কাতৰ দীনতা ভৰা দৃষ্টিৰে কায়কাউচৰ ফালে চাই ক'লে- কস্তমৰ বাহিৰে সেইজন যুৱকক পৰাস্ত কৰা সম্ভৱ নহয়, জাহাপনা

ৰুস্তম ক? সি ক'ত মূৰ পোলোকা মাৰি আছে এই দুঃসময়ত? কায়কাউচে এইদৰে উষ্মা প্রকট কৰি বহাৰপৰা উঠি পদচালনা কৰিবলৈ ধৰিলে। হঠাৎ থমকি ৰৈ তেওঁ বলিয়াৰ দৰে সুধিলে- ৰুস্তম ক', ৰুস্তম?

গেওৱে হতাশ সুৰত ক'লে- ৰস্তম বৰ্তমান ইৰাণত নাই, জাহাপনা। তেওঁ খুৰমক বিচাৰি গৈছে।

গেও যেন কিবা নক'ব লগা কথাহে ক'লে এনেকুৱা ভংগীত পদচালনা বন্ধ কৰি ভ্ৰযোৰ কোঁচাই গেওৰ ফালে স্থিৰ দৃষ্টিৰে চাই কায়কাউচে ক'লে- খুৰমক বিচাৰি গৈছে? কিয়?

কাচকাউচৰ স্থিৰ দৃষ্টিৰ সম্মুখত নিজক সংযত কৰি গেওৱে বিহবল কণ্ঠত ক'লে- খুৰমৰ প্ৰাণ দণ্ডাদেশ কার্যকৰী কৰিবলৈ তেওঁ খুৰমক বিচাৰি গৈছে, জাহাপনা

কায়কাউচে কৌতুহলী দৃষ্টিৰে গেওৰ ফালে চালে। তাৰ পাছত হঠাৎ মনত পৰাৰ দৰে চক্ খাই উঠি ক'লে- অ' মই খুৰমৰ প্ৰাণদণ্ডৰ আদেশ দিছিলো! যোৱা, ৰুস্তমক কোৱাগৈ মই মোৰ দণ্ডাদেশ প্রত্যাহাৰ কৰিছোঁ।

প্রচণ্ড উদ্বেগৰ মাজতো গেওৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। কাৰণ খুৰমৰ প্ৰাণদণ্ডাদেশ তেওঁ সহজ ভাবে ল'বপৰা নাছিল। গতিকে খুৰমৰ প্ৰাণদণ্ডাদেশ প্রত্যাহাৰ কৰাৰ কথা শুনি তেওঁ উৎসাহিত হৈ উঠিল। ক'লে তেওঁ- মই কাইলৈয়ে ৰুস্তমক বিচাৰি যাবলৈ দূত পঠাম, জাহাপনা।

কাইলৈ নহয়, এতিয়া এই মুহূর্তে দূত প্ৰেৰণ কৰা। কায়কাউচে উত্তেজিত ভাবে ক'লে- কাইলৈ ৰুস্তম আহিলে পৰহি ম‍ই চোহৰাবৰ তেজেৰে গোচল কৰিম। তেহে মই মনত শান্তি পাম। যোৱা, কি চাই আছা। তুৰন্তে দূত পঠোৱাৰ ব্যৱস্থা কৰাগৈ।

যথাৰীতি অভিবাদন কৰি গেও মন্ত্রণা কক্ষৰপৰা ওলাই আহিল। বাহিৰলৈ আহিয়ে তেওঁ অশ্বারোহী সৈনিক এজনক লগ পালে। অশ্বাৰোহীজনৰ ওচৰলৈ আহি তেওঁ ব্যস্তভাৱে ক'লে- তুমি এই মুহূর্তে চামান গাঁলৈ যাত্ৰা কৰা। ৰস্তমক ইৰাণৰ বিপৰ্যৰ কথা কৈ কাইলৈৰ ভিতৰতে তেওঁক ইৰাণলৈ অনাৰ ব্যৱস্থা কৰাগৈ।

সৈনিকজনে সংশয় প্রকাশ কৰি ক'লে- মহামহিম, ৰুস্তমক জানো চামান গাঁত পাম?

গেওৱে নিশ্চয়তা প্ৰকাশ কৰি ক'লে- নিশ্চয় পাবা। বহুতে তেওঁক চামান গাঁৰ ফালে যোৱা দেখিছে। ৰুস্তমক পালে, জাহাপনাই খুৰমৰ প্রাণদণ্ডাদেশ প্রত্যাহাৰ কৰিছে বুলি ক'বলৈও নাপাহৰিবা। যোৱা, পলম নকৰিবা। ম‍ই এতিয়া কদমৰ সৎকাৰৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ।

এইদৰে কৈ গেও ৰস্তমৰ গৃহাভিমুখে খোজ ল'লে আৰু সৈনিকজনে তৎক্ষণাৎ জাপ মাৰি ঘোঁৰাৰ পিঠিত উঠি চামান গাঁ অভিমুখে ঘোঁৰা চেঁকুৰালে।

                *         *   *        *

                                          (বিছ)

সৈনিকজনে চামান গাঁ অভিমুখে যাত্ৰা কৰাৰ সময়ত ৰুস্তম ইৰাণ সীমান্ত পাৰ হৈ চামান গাঁ সীমান্তত প্ৰবেশ কৰিছিলহে মাথোন।

খুৰম ঘৰৰপৰা অন্তৰ্দ্ধান হোৱাৰ পাছদিনাই ৰুস্তম খুৰমক বিচাৰি ওলাই আহিছে। এই কেইদিন তেওঁ ইৰাণৰ বিভিন্ন ঠাইত বলিয়াৰ দৰে খুৰমক বিচাৰি ফুৰিছে। বাটত যাকেই লগ পাইছে তাকেই সুধিছে- খুম ক', খুৰম? তোমালোকে খুমক দেখিছা নেকি? পঁচিছ বছৰীয়া যুৱক। মূৰত ৰুমী টুপী। পিন্ধোনত পায়জমা আচকন। দেখিবলৈ ধুনীয়া। নীৰিহ অমায়িক। তেনেকুৱা কাৰোবাক দেখিছা নেকি কোনোবাই? কিন্তু কোনেও তেওঁক খুৰমৰ বতৰা দিবপৰা নাই। সকলোৱে নেতিবাচক মূৰ দুপিয়াই কৈছে- নাই, দেখা নাই।

দেশৰ ভিতৰত যাবপৰা সাম্ভাৱ্য স্থানবোৰ তন্ন তন্ন কৈ বিচাৰি হতাশ হৈ অৱশেষত খুম ইৰাণৰ বাহিৰলৈ যাবপৰা স্থানবোৰৰ কথা ভাবিবলৈ লওঁতেই পোনচাটেই ৰস্তমৰ মনলৈ আহিল চামান গাঁৰ কথা।

চামান গাঁৰ কথা মনতপৰাৰ লগে লগে ৰুস্তমৰ চকুৰ আগত ভাহি উঠিল তাহমিনাৰ অভিমানী মুখ আৰু ছোৱালীজনীৰ কল্পিত মুখৰ প্ৰতিচ্ছবি। ছোৱালীজনী বৰ্তমান কিমান ডাঙৰ হৈছে? তাইৰ নাম কি ৰাখিছে? ৰস্তমক দেখি তাই নিষ্ঠুৰ অক্ষম পিতৃ বুলি অভিমানত মুখ ঘুৰাই আঁতৰি যাব, নে আব্বাজান বুলি দৌৰি আহিব? এইদৰে অযুত প্ৰশ্নই তেওঁৰ মনত ভূমুকি মাৰিলে। লগে লগে আপত্য স্নেহত তেওঁৰ হৃদয় আন্দোলিত হৈ উঠিল। তেজৰ আকৰ্ষণে যেন তেওঁক দুৰ্বাৰ ভাবে চামান গাঁৰ ফালে আকৰ্ষণ কৰিবলৈ ধৰিলে।

কিন্তু তেওঁৰ হৃদয়ত এক অপৰাধবোধ জাগি উঠিল। এবছ দুবছৰ নহয়, সুদীর্ঘ বাইছ বছৰ তেওঁ তাহমিনাৰ খবৰ লোৱা নাই। তাহমিনাই জানো তেওঁক সহজভাবে গ্রহণ কৰিব? তেওঁক বাৰু কি বুলি ভাবি আছে তাই ? লম্পট, প্ৰৱঞ্চক বুলি ভবা নাইনে বাৰু তেওঁক? দীৰ্ঘ প্রতীক্ষাৰ অন্তত তাই একেবাৰে পাহৰিয়ে গৈছে নেকি বাৰু তেওঁক? পাহৰি যোৱাটো একো আচৰিত কথাও নহয়। পাহৰি গ'লেও তেওঁ তাহমিনাক দুষিব নোৱাৰে। কাৰণ তাহমিনাৰ খবৰ নলৈ তাইৰ প্ৰতি ঘোৰ অবিচাৰ কৰা হৈছে। কথাষাৰ ভৱাৰ লগে লগে এক অপৰাধবোধে তেওঁৰ দেহ-মন থকা-সৰকা কৰিবলৈ ধৰিলে। দাম্পত্য জীৱনতো চিলা আৰু ডোৰৰ আকৰ্ষণৰ দৰে। এবাৰ ডেৰ চিঙি গ'লে চিলা আৰু ডোৰৰ আকৰ্ষণো চিঙি যায়। সূতা পৰি থাকে এঠাইত আৰু চিলা উৰি যায় অন্য এঠাইলৈ। দাম্পত্য জীৱনো প্ৰেম নামৰ অদৃশ্য সূতাৰ বান্ধোনে বান্ধি ৰাখে। দীর্ঘ দিনৰ অদৰ্শন বা বিচ্ছেদে সেই প্ৰেমৰ বান্ধোন শিথিল কৰি পেলায়তেতিয়া পানীৰ তলৰ গেদৰ দৰে হৃদয়ৰ এচুকত জমা হৈ থাকে মাথোন দূসৰ স্মৃতি। কেতিয়াবা কিবা কাৰণত পানী আলোড়িত হ'লে গেদবোৰ জাগি উঠি পানী ঘোলা কৰি তোলে। পানী স্থিৰ হোৱাৰ লগে লগে গেদবোৰ পুনৰ তলিত জমা হ'বলৈ ধৰে। ঠিক সেইদৰে কিবা কাৰণত স্মৃতিৰ তাঁৰডালত জোকাৰ খালে স্মৃতিবোৰ জাগি উঠে আৰু সময় বাগৰৰ লগে লগে সেই জোকাৰণি স্তিমিত হ'লে স্মৃতিবোৰ পুনৰ দুসৰ হৈ পৰেতাহমিনাৰ দাম্পত্য প্রেম, ভালপোৱাও ইমান দিনে হয়তো স্তিমিত হৈ পৰিছে আৰু পৰাটোৱে স্বাভাৱিক।

এইবোৰ চিন্তাৰ পাছত ৰুস্তমৰ হৃদয় অধিক আবেগিক হৈ উঠিল। তাহমিনা ও ছোৱালীজনীক চাবলৈ ব্যগ্ৰ হৈ উঠিল তেওঁ। চামান গাঁৰ ৰাজপ্রাসাদে তেওঁক চুম্বকৰ দৰে আকৰ্ষণ কৰিবলৈ ধৰিলে। লগে লগে তেওঁ ঘোঁৰাৰ পিঠিত উঠি চামান গা অভিমুখে দুৰন্ত গতিত ঘোঁৰা চেঁকুৰালে। ঘোঁৰাতকৈও যেন তেওঁৰ মন অধিক বেগত চামান গাঁ অভিমুখে ধাবিত হ'ল। কিন্তু চামান গাঁ সীমান্তত ভৰি থৈয়ে তেওঁ এক বিপৰ্যৰ সম্মুখীন হ'ল।

সময় তেতিয়া সন্ধিয়া অতিক্ৰম কৰি গৈছিল। পৃথিবীৰ বুকুলৈ নামি আহিছিল ৰাতিৰ অন্ধকাৰ। হঠাৎ গতি মন্থৰ কৰি ৰাক্স থৰক-বৰক কৰিবলৈ ধৰিলে। ৰাক্সৰ অৱস্থা দেখি ৰুস্তম উৎকণ্ঠিত হৈ উঠিল আৰু ঘোঁৰাৰ পিঠিৰপৰা নামি পৰিল। ৰুস্তম পিঠিৰপৰা নমাৰ লগে লগে গুৰি কটা গছৰ দৰে ৰাক্স বাগৰি পৰিল।

যিমানেই শক্তিশালী নহওঁক কিয়, প্ৰাণীৰ শক্তি নিৰ্ভৰ কৰে খাদ্য ও বিশ্রামৰ ওপৰত। এনেয়ে মৰুভূমিৰ বিপদ সংকূল বাট তাতে আকৌ অবিশ্রান্ত পৰিশ্রম। পেটত দানা-পানীও পৰা নাছিল সময়মতে। দানা-পানীৰ অভাৱ আৰু পৰিশ্ৰমেই যে ৰাক্সৰ দুৰ্বলতাৰ কাৰণ এই কথা উপলব্ধি কৰিবলৈ ৰস্তমৰ অসুবিধা নহ'ল।

সেয়ে ৰস্তমে যাত্ৰা স্থগিত কৰি ৰাক্সৰ পৰিচৰ্যা কৰিবলৈ লাগি গ'ল। তেওঁ ওচৰৰ এঘৰ মানুহৰপৰা দানা-পানী আনি ৰাক্সক খুৱালে। দানা- পানী খুওৱাৰ পাছত ৰাক্স কিছু পৰিমাণে সুস্থ হৈ উঠিল। কিন্তু ৰাক্সৰ অৱস্থালৈ চাই তেওঁ পুনৰ যাত্ৰা কৰাৰ ভৰসা নাপালে। সেয়ে ৰাক্সক গছ এডালৰ লগত বান্ধি তেওঁ নিজেও গছডালৰ গাত আঁউজি বহি ৰাতি পুৱালৈ অপেক্ষা কৰিবলৈ ধৰিলে।

পাছদিনা ৰাতিপুৱা দানা-পানী অনা ঘৰৰ গৃহস্থই ৰুস্তমৰ খা-খবৰ ল'বলৈ আহিল। ইটো-সিটো খা-খবৰ লোৱাৰ পাছত মানুহজনে ৰস্তমক ইৰাণৰ নাগৰিক বুলি জানিব পাৰি ক'লে- দুদিনমান আগতেও ইৰাণৰপৰা এহাল ডেকা-গাভৰু চামান গাঁলৈ আহিছে। সিহঁত আমাৰ ঘৰত বহু সময় জিৰাই শঁতাই গৈছে।

ডেকা-গাভৰুৰ কথা শুনি ৰুস্তম কৌতুহলী হৈ উঠিল আৰু তেওঁৰ চকুৰ আগত খুৰমৰ মুখৰ প্ৰতিচ্ছবি ভাহি উঠিল। তেওঁ ভাবিলে, খুৰমো হ'ব পাৰে হয়তোকিন্তু গাভৰু? গাভৰুজনী আকৌ আহিল ক'ৰপৰা? বাটত লগ পাব পাৰে হয়তো! গতিকে তেওঁ আগ্ৰহেৰে সুধিলে- ডেকা- গাভৰু! ডেকাজনৰ বয়স কিমান? দেখিবলৈ কেনেকুৱা? নাম খুৰম নেকি?

মানুহজনে ক'লে- নাম নাজানো। ডেকাজনৰ বয়স পঁচিশ ছাব্বিশ আৰু গাভৰুজনীৰ ওঠৰ উনৈশ মান হ'ব।

সিহঁত স্বামী স্ত্রী নেকি?

নাই নাই, তেনেকুৱা যেন নালাগিল। সিহঁতৰ চাল-চলন, কথা-বতৰা ৰহস্যজনক আছিল। দুয়ো পলাই আহিছে হয়তো। ডেকাজনৰ মূৰত টুপী আৰু গাভৰুজনীৰ সাজ-পাৰ সাধাৰণ।

মানুহজনৰ বৰ্ণণাৰপৰা ৰস্তমে ডেকাজনক খুৰৰ্ম বুলি অনুমান কৰিব পাৰিলে যদিও গাভৰুজনীৰ বিষয়ে অনুমান কৰিব নোৱাৰিলে। তথাপি সেইখিনি খবৰতে ৰুস্তম উৎসাহিত হৈ উঠিল। মানুহজনৰপৰা বিদায়লৈ তেওঁ তীব্র বেগে চামান গাঁ অভিমুখে ঘোঁৰা চেঁকুৰালে।

দুপৰীয়াৰ আগে আগে আহি ৰুস্তম চামান গাঁৰ ৰাজপ্রাসাদ পালেহি।

বাইছ বছৰ পাছত ৰস্তমক দেখি তাহমিনাৰ হৃদয়ত পুৰণি স্মৃতিবোৰ ছাই চেপা জুইৰ দৰে ধূমায়িত হৈ উঠিল। হৃদয়ত জাগি উঠিল মান অভিমানৰ উল্লাস। কিন্তু পাছমুহূর্ততে তাই সচকিত ও শংকিত হৈ উঠিল। উষ্ম আদৰণি বা অভিমানৰ পৰিবৰ্তে যিমান সোনকালে পাৰে কস্তমক চামান গাঁৰপৰা আঁতৰাই পঠোৱাৰ বাবে তাই ব্যস্ত হৈ উঠিল।

তাহমিনাৰ ব্যস্ততা ও উৎকণ্ঠাৰ কাৰণ আন একো নাছিল। খুৰমৰ নিৰাপত্তাৰ কথা ভাবিয়ে আছিল তাইৰ এই ব্যস্ততা ও উৎকণ্ঠা। দুদিনমান আগত খুৰম আহি চামান গাঁ পাইছেহি৷ খুৰৰ্মৰ লগত দোলনা নামৰ ছোৱালী এজনীও আহিছে। দোলনাই ইতিমধ্যে তাইক খুৰমৰ আসন্ন বিপদৰ কথা আদ্যোপান্ত বিৱৰি কৈছে। ৰুস্তম যিকোনো মুহূৰ্তত চামানগাঁলৈ আহিবপাৰে বুলিও দোলনাই তাইক সতৰ্ক কৰি দিছে। সেয়ে ৰস্তমৰ পথ শ্ৰমত ক্লান্ত বিপর্যস্ত মুখৰ ফালে চাই তাইৰ হৃদয়ত আবেগ ব্যাকুলতা জাগি উঠিব খুজিছিল যদিও খুৰমৰ নিৰাপত্তাৰ কথা ভাবি তাই কঠোৰ হ'বলৈ বাধ্য হ'ল।

ছোহৰাবে কাৰো হকা-বধা নামানি মৌলবীসকলৰ লগত ইৰাণৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবলৈ গুচি যোৱাৰ পাছত তাহমিনা একেবাৰে অকলশৰীয়া ও শোকাকুল হৈ পৰিছিল। খুৰৰ্মক পাই বৰ্তমান তাই বহু পৰিমাণে প্ৰকৃতিস্থ ও স্বাভাৱিক হৈ উঠিছে। কিন্তু কস্তম অহাত খুৰমৰ আসন্ন বিপদৰ কথা ভাবি তাই সন্ত্রস্ত ও বিষণ্ণ হৈ উঠিল।

তাই কস্তমক আপ্যায়ন কৰাৰ পৰিবৰ্তে হতাশ ও বিষণ্ণ কণ্ঠত ক'লে- বাইছ বছৰ ধৰি ম‍ই এই শুভ মুহুৰ্তটোৰ কাৰণে অপেক্ষা কৰি আছিলো। কিন্তু মোৰ দুৰ্ভাগ্য যে, ম‍ই আপোনাৰ লগত এখন্তেক বহি সুখ-দুখৰ এষাৰ কথাও পাতিব নোৱাৰিলো। এজনী নাৰীৰ বাবে ইয়াতকৈ কি দুৰ্ভাগ্যৰ কথা হ'ব পাৰে?

তাহমিনাৰ কথাৰ অৰ্থ বুজিব নোৱাৰি কস্তমে বিব্ৰত কণ্ঠত ক'লে- তোমাৰ কথাৰ অৰ্থ ম‍ই বুজিব পৰা নাই, তাহমিনা। পথশ্ৰমত ম‍ই বৰ ক্লান্ত। আজিলৈ দুদিন ধৰি পেটত খুদকণ এটাও পৰা নাই। ম‍ই বৰ্তমান থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। তুমি সোনকালে মোৰ বিশ্ৰামৰ ব্যৱস্থা কৰা। মই খুবেই পৰিশ্ৰান্ত।

42ৰস্তমৰ কৰুণ কণ্ঠৰ আবেদন ও কস্তমৰ উদ্ভ্রান্ত বিপর্যস্ত অৱস্থা দেখি তাহমিনাৰ বুকু হম্হমাই উঠিল। ব্যথাৰ আঁচোৰে তাইৰ হৃদয় ক্ষত- বিক্ষত কৰিবলৈ ধৰিলে। অতি কষ্টেৰে তাই নিজক চম্ভালি ক'লে- বেয়া নাপাব। আব্বাজানৰ জীৱনৰ নিৰাপত্তাৰ কথা ভাবি ম‍ই কঠোৰ হ'বলৈ বাধ্য হৈছো। কেইদিনমানৰপৰা আব্বাজানৰ অসুখ। আপোনাক চাবলৈ আব্বাজান ব্যাকুল হৈ উঠিছে। কিন্তু আপোনাৰ মুখ দৰ্শন কৰিলেই আববাজানৰ মৃত্যু হ'ব বুলি হেকিমে সাৱধান কৰি দিছে। গতিকে আপুনি এই মুহূর্তে চামান গাঁ এৰি গুচি যাওঁকগৈ। আব্বাজান অলপ ভাল পালেই আপোনালৈ ম‍ই খবৰ পঠিয়াম।

তাহমিনাৰ কথাশুনি ৰুস্তমৰ মুখমণ্ডল সৰাপাতৰ দৰে শেঁতা পৰি গ'ল। তেওঁ সঁচাকৈয়ে বৰ ক্লান্ত। ভোক পিয়াহত তেওঁৰ সৰ্বশৰীৰ অৱসন্ন। তেওঁৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন। কিন্তু শহুৰেকৰ আসন্ন বিপদৰ কথা শুনি তেওঁ বিচলিত হৈ উঠিল। সেয়ে তেওঁ হতাশ কণ্ঠত কলে- মোৰ বিশ্ৰামৰ খুবেই প্ৰয়োজন আছিল। জাহাপনাৰ অসুখ যেতিয়া নালাগে বাৰু। অসুখ ভাল পালেই মোলৈ খবৰ পঠিয়াবা। ছোৱালীজনীকো চাবলৈ বৰ হেঁপাহ গৈছিল। পাছত এদিন আহি চাই যামহি। তাইক মোৰ শুভেচ্ছা জনাবা। আজিলৈ আহিলো। খোদা হাফিজ।

ৰুস্তম কক্ষৰপৰা ওলাই আহিলকিন্তু হঠাৎ তেওঁৰ খুৰমৰ কথা মনত পৰি গ'ল৷ মানুহজনে কোৱামতে খুৰম চামান গাঁলৈকে আহিছে। তেওঁৰো সেয়ে ধাৰণা। গতিকে তেওঁ পুনৰ কক্ষৰ ভিতৰলৈ সোমাই আহি সুধিলে- তাহমিনা, খুমক দেখিছা নেকি?

ৰুস্তমৰ প্ৰশ্নত তাহমিনাৰ বুকুখন কঁপি উঠিল। তাই নিজক চম্ভালিলৈ অজ্ঞতা প্রকাশ কৰি ক'লে- খুম! কোন খুৰম? মইতো কোনো খুৰমক নাজানো। প্ৰসংগটো সিমানতে সামৰিবলৈ তাই ব্যস্তভাবে ক'লে- বাৰু, আপুনি এতিয়া যাওঁকগৈ৷ খুৰম আহিলে ম‍ই তাক বান্ধি থৈ আপোনালৈ খবৰ পঠিয়াম।

ৰুস্তম ৰাজপ্রাসাদৰপৰা ওলাই আহি ৰাস্তাত উঠিল। পুৰণি স্মৃতিৰ আকৰ্ষণবশতঃ তেওঁ ৰাজোদ্যানৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। লগে লগে এটি নাৰী মূৰ্ত্তি চকামকাকৈ তেওঁৰ চকুত পৰিল। এজনী ষোড়শী কিশোৰী। তেওঁক দেখিয়ে যেন ছোৱালীজনী এজোপা জোপোহানিৰ আঁৰলৈ বহি পৰিল। চকামকাকৈ দেখাৰ কাৰণে তেওঁ ছোৱালীজনীক চিনিব নোৱাৰিলে; কিন্তু ছোৱালীজনীক ক'ৰবাত দেখা যেন অনুমান হ'ল তেওঁৰ। কিন্তু কত দেখিছে? বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিও তেওঁ বিফল হ'ল। হঠাৎ তেওঁৰ মানুহজনে কোৱা ছোৱালীজনীৰ কথা মনত পৰি গ'ল৷ মানুহজনে কোৱা সেই ছোৱালীজনীয়ে নহয়তো!

কৌতুহলবশতঃ ৰস্তম উদ্যানৰ ভিতৰলৈ সোমাই আহিল। কিছুদূৰ অহাৰ পাছত তেওঁ ছোৱালীজনীক এজোপা গোলাপ গছৰ আঁৰলৈ বহি থকা দেখিলে। তাইৰ ওচৰত এজন যুৱকো বহি আছিল। তেওঁ লক্ষ্য কৰিলে, গাভৰুজনী ইৰাণৰ চাহজাদী ঝুমুৰ আৰু ডেকাজনৰ মুখখন ভালদৰে দেখিব নোৱাৰিলে যদিও খুৰম বুলি উপলব্ধি কৰিবলৈ তেওঁৰ অসুবিধা নহ'ল।

চাহজাদী ঝুমুৰ চামান গাঁলৈ অহাৰ কাহিনী দুঃখজনক হ'লেও আমোদজনক।

খোজাই খুৰমক চামান গাঁৰ ৰাস্তালৈ আগবঢ়াই থৈ যোৱাৰ পাছত ঝুমুৰ আহি খুৰমৰ লগত লগ লাগিছিল। সাধাৰণ সাজ-পাৰ পিন্ধি ছদ্মবেশত থকাৰ কাৰণে খুম ঝুমুৰক চিনিবপৰা নাছিল। তদুপৰি গাভৰু হোৱাৰ পাছত খুৰমে ঝুমুৰক দেখাও নাছিল আৰু চাহজাদীয়ে তেনেকৈ সাধাৰণ সাজ-পাৰ পিন্ধি আন্ধাৰ ৰাতি অকলে আহিব পাৰে বুলিও তেওঁ কল্পনা কৰা নাছিল।

ইফালে ৰাতিও আছিল ঘনান্ধকাৰ। কেউফালে নীৰৱ নিস্তব্ধ। কোনো জনপ্ৰাণীৰ চিহ্ন মাত্ৰও নাছিল ৰাস্তা ঘাটত।

গতিকে ঝুমুৰক দেখি থমকি ৰৈ খুৰম উৎকণ্ঠিত কণ্ঠত সুধিছিল- কোন তুমি? এই নিজম অন্ধকাৰ ৰাতি ক'ৰপৰা আহিছা? তুমি অকলেই আহিছা, নে তোমাৰ লগত বেলগ কোনোবা আছে?

খুৰমে চিনিব নোৱাৰিলেও ঝুমুৰে খুৰক ঠিকেই চিনিব পাৰিছিল। আগতে ভাবি থোৱা মতে তাই নিজৰ পৰিচয় গোপনে ৰখাৰ কাৰণে খুৰমক চিনিও নিচিনাৰ ভাওজুৰি গভীৰ হতাশা প্রকাশ কৰি ক'লে- মই মোৰ চামান গাঁৰ মাহীৰ ঘৰলৈ বুলি ওলাই আহিছিলো। কিন্তু মৰুভূমিত বাট হেৰুৱাই এইখিনি আহি পাইছোহি। মোৰ লগত বেলেগ কোনো মানুহ নাই। দিনৰ ভিতৰতে মাহীৰ ঘৰ গৈ পাম বুলি অকলেই ওলাই আহিছিলোকিন্তু ৰাতি হোৱাত বৰ ভয় লাগি আছিল। গতিকে সৌ জোপোহানিৰ আঁৰ লৈ বহি ৰাতিটো পাৰ কৰি পুনৰ দিনৰ ভাগত যোৱাৰ কথা ভাবি আছিলো। আপোনাক দেখি সাহস পাই জোপোহানিৰপৰা ওলাই আহিছো। আপুনিও মোৰ দৰে অকলশৰীয়া নেকি? যাব ক'লৈ আপুনি?

ককাক জালে শিকাই দিয়া মতে খুৰমে মিছা মাতিব লাগিছিল যদিও এগৰাকী অসহায়া গাভৰুৰ আগত মিছা মাতিবলৈ তেওঁৰ প্ৰবৃত্তি নগ'ল। সেয়ে তেওঁ ভয়-শংকা পাহৰি সঁচা কথাকেই ক'লে- ময়ো চামান গাঁলৈকে যাম। ইৰাণৰ বদচাহে মোৰ প্ৰাণদণ্ডৰ আদেশ দিছে। গতিকে আম্মাজান আৰু আতাজানৰ তাগিদাত চামান গাঁলৈ গৈ আত্মগোপন কৰাৰ কাৰণে ওলাই আহিছোঁ।

ঝুমুৰে সকলো কথা জানে যদিও অভিনয় নিখুঁত কৰিবলৈ তাই প্রাণদণ্ডাদেশৰ কথা শুনি অস্ফুট আর্তনাদ কৰি উঠিল। গভীৰ উৎকণ্ঠা প্রকাশ কৰি বিষণ্ণ কণ্ঠত ক'লে তাই- আয়ৈ দেহি! ইৰাণৰ বাদচাহ ইমান নিষ্ঠুৰনে? ফুলৰ দৰে নিষ্পাপ যুৱক এজনৰ প্ৰতি এনেকুৱা আদেশ দিয়াৰ সময়ত তেওঁৰ বুকু কঁপি নুঠিলনে?

খুৰমে দীৰ্ঘ নিশ্বাস এৰি নির্লিপ্ত ভাবে ক'লে- এয়া বিধিলিপি। বাদচাহৰ ইয়াত কোনো দোষ নাই। তেওঁ আল্লাহৰ ঈস্পিত কথাকেই নিজৰ মুখত প্ৰকাশ কৰিছেহে মাথোন। এইদৰে মন্তব্য কৰি তেওঁ প্ৰসংগ সলনি কৰি ক'লে- বাৰু ব'লা, আমি গৈ থাকো। যাওঁতে বাটে বাটে কথা পাতি গৈ থাকিমহি।

দুয়ো মনে মনে আগবাঢ়িল। কিছুদূৰ অহাৰ পাছত ঝুমুৰে নীৰৱতা ভংগ কৰি সুধিলে- আপুনি কিবা ঘোৰতৰ অন্যায় কৰিছিল নেকি?

খুৰমে ম্লান হাঁহি মাৰি ক'লে- অন্যায়! নাই নাই, ৰাজাদেশ উলংঘা কৰাৰ বাহিৰে মই তেনে কোনো অন্যায় কাম কৰা নাই। বাদচাহে চাহজাদী ঝুমুৰক মোলৈ বিয়া দিব খুজিছিল। ম‍ই তেওঁৰ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছোঁ। সেই কাৰণেই অভিমান বশতঃ বাদচাহে এই আদেশ দিছে।

খুৰমৰ অভিযোগ হীন কথাবোৰ ঝুমুৰৰ ভাল লাগিল। আল্লাহৰ প্ৰতি কিমান প্রগাঢ় বিশ্বাস থাকিলে মানুহ এজন এইদৰে নিৰ্লিপ্ত হ'ব পাৰে, ঝুমুৰে তাকে মনত জুকিয়াই চালে। খুৰমৰ আল্লাহৰ প্ৰতি প্ৰগাঢ় বিশ্বাস দেখি তাই অভিভূত হৈ পৰিল। শ্ৰদ্ধাৰ লগতে খুৰমৰ প্ৰতি ভক্তিও উপজিল তাইৰ। তাই কায়কাউচৰ প্ৰতি খুৰমৰ মনোভাৱ অধিক স্পষ্ট কৰিবলৈ সুধিলে- এই অন্যায় আদেশ দিয়াৰ কাৰণে বাদচাহৰ প্ৰতি আপোনাৰ কোনো ক্ষোভ বা অভিযোগ নাই নেকি?

খুৰমে পুনৰ নিৰ্লিপ্ত ভাৱে ক'লে- নাই নাই, বাদচাহৰ বিৰুদ্ধে মোৰ কোনো ক্ষোভ বা অভিযোগ নাই। তেওঁ বাদচাহ- ইৰাণৰ ভাগ্য-বিধাতা। মোৰ দৰে এজন সাধাৰণ যুৱকে তেওঁৰ আদেশ প্রত্যাখান কৰাৰ কাৰণে তেওঁৰ মনত ক্ষোভ সঞ্চাৰ হোৱাটো তেনেই স্বাভাৱিক।

মানুহ এজনৰ মন কিমান বহল আৰু উদাৰ হ'লে নিজৰ ঘাতকৰ প্ৰতিও ইমান উদাৰ হ'ব পাৰে ঝুমুৰে তাকে নিজৰ মনতে জুকিয়াই চাই অভিভূত হৈ পৰিল। এনেকুৱা এজন উদাৰ যুৱকৰ কাৰণে নিজৰ সুখ-স্বাচ্ছন্দ্য জলাঞ্জলি দি ৰাজপ্রাসাদ ত্যাগ কৰি গুচি অহাটো সাৰ্থক হৈছে বুলি ভাবিলে তাই। ৰাজপ্রাসাদ ত্যাগ কৰি ওলাই অহাৰ কাৰণে তাইৰ মনত যি অনুশোচনাৰ ভাৱ উদয় হৈছিল সেয়াও খুৰমৰ আচৰণত নাইকীয়া হৈ গ'ল। অনুশোচনাৰ পৰিবৰ্তে তাইৰ মুখমণ্ডলত প্রগাঢ় প্রশান্তিৰ অভিব্যক্তি ফুটি উঠিল। তাই আকাশৰ ফালে চাই পঠিয়ালে। ওপৰত ঘিট্‌মিটীয়া ক'লা আকাশ। আকাশৰ উদ্যানত যেন তৰাবোৰ ফুলৰ দৰে ফুলি আছে। আকাশৰ শোভা চাই তাই তন্ময় হৈ পৰিল।

তৰাবোৰ দেখাত ফুলৰ দৰে হ'লেও তাই শুনামতে তৰাবোৰ একো একোটা অতিকায় অগ্নি বলয়। সেয়ে তৰাৰ সৌন্দৰ্য থাকিলেও চুই চোৱাৰ উপায় নাই। তৰাৰ সৌন্দৰ্য দূৰৰপৰা মাথোন উপভোগহে কৰিব পাৰি; সেই সৌন্দৰ্যৰ স্পৰ্শ সুখ অনুভৱ কৰিব নোৱাৰি। খুৰমে হয়তো সৌ তৰাবোৰৰ দৰে অগ্নিগর্ভা বুলি ভাবি তাইক বিয়া কৰোৱাৰ বাবে আপত্তি কৰিছে। সেয়ে তাই খুৰমৰ মনোভাৱ জনাৰ কাৰণে সুধিলে- আপুনি চাহজাদীক প্রত্যাখান কৰিলে কিয়? তাই খুউব খঙাল নেকি?

খুৰমে প্ৰতিবাদ জনাই ক'লে- নাই নাই, মই জনামতে চাহজাদী খুবেই শান্ত-শিষ্ট।

তেনেহ'লে তাই দেখিবলৈ অশুৱনি নেকি ?

লোকমুখে শুনামতে চাহজাদী খুবেই ধুনীয়া।

লোকমুখে শুনিছে মানে? আপুনি নিজে তাইক দেখা নাই নেকি?

দেখিলেও ম‍ই চাহজাদীৰ মুখৰ ফালে চোৱা নাই। মাথোন চাহজাদীৰে নহয়, মোৰ জ্ঞান হবৰে পৰা আম্মাজানৰ বাহিৰে আজিলৈকে ম‍ই বেলেগ কোনো নাৰীৰ মুখলৈ চোৱা নাই। সৰুতে মাদ্রাছাত পঢ়োতে অৱশ্যে চাহজাদীৰ লগত একেলগে পঢ়িছিলোঁ। সৰু হ'লেও চাহজাদী তেতিয়াই দেখিবলৈ ধুনীয়া আছিল। ঠিক গোলাপ এপাহৰ দৰে ধুনীয়া আছিল তাই।

এইদৰে কথা পাতি পাতি দুয়ো এখন মরুদ্যানত উপস্থিত হ'ল। পথশ্ৰমৰ ভাগৰ পলুৱাবলৈ বুলি দুয়ো এঠাইত জিৰণি ল'বলৈ বহিল।

খন্তেক পাছতে পুবাকাশত সূৰ্য ভূমুকি মাৰিলে। সূৰ্যৰ পোহৰত অৱগাহন কৰি পৃথিবীখন আলোকোজ্জ্বল হৈ উঠিল আৰু সমীৰৰ আলফুল পৰশত ৰৌদ্রস্নাত গছৰ পাত নাচি উঠিল। দিনৰ উত্তাপ পাই নৈঃশব্দ আঁতৰি গ'ল আৰু পৃথিবীখন কোলাহল মুখৰ হৈ উঠিল। চৰাইৰ কাকলি আৰু জীৱ-জন্তুৰ বিচিত্ৰ কলৰৱে ধৰাৰ বুকুলৈ প্ৰাণ চাঞ্চল্য আনি দিলে।

ঝুমুৰ স্বপ্নাচ্ছন্নৰ দৰে খুৰমৰ ফালে চাই ক'লে-- দিনটো আমি ইয়াতে কটাব লাগিব। ম‍ই জনামতে আপোনাৰ দেউতাকে আপোনাক বিচাৰি আছে। গতিকে আপোনাৰ কাৰণে দিনৰ পোহৰত বাট বুলাটো মুঠেই সুৰক্ষিত নহ'ব।

দেউতাই মোক বিচাৰি থকাৰ কথা তুমি কেনেকৈ জানিলা? খুৰমে সংশয় প্রকাশ কৰি ক'লে।

বাটে বাটে আহোঁতে মানুহৰ মুখে মুখে শুনি আহিছোঁ। ঝুমুৰে আঁভূৱাভাৰিলে- কথাটো ইতিমধ্যে ইৰাণৰ সকলো মানুহে জানি গৈছে। গতিকে আমি সাৱধান হোৱা উচিত।

ঝুমুৰৰ মাতৃ সূলভ ব্যস্ততা দেখি মন্ত্রমুগ্ধৰ দৰে খুৰম তাইৰ ফালে চালে।

দীৰ্ঘাংগী লাৱণ্যময়ী দেহ। বসন্তৰ বৰ্ণ সুষমাৰ দৰে উজ্জ্বল গাৰ বৰণ। আয়ত বহল চকুযুৰিত স্বপ্নাচ্ছন্ন দৃষ্টি। তাইৰ অৱয়ব আৰু ব্যৱহাৰত যেন বিৰাজ কৰি আছে এক বিশিষ্টতা।

খুৰমৰ স্নায়ুবোৰ সচকিত হৈ উঠিল। তেওঁৰ অৱচেতন মনত এটি প্রশ্ন আলোড়িত হৈ উঠিল- কোন এই ৰহস্যময়ী নাৰী? খুৰমে বিস্ময় বিমুগ্ধ দৃষ্টিৰে ঝুমুৰলৈ চাই ক'লে- তোমাক কিন্তু সাধাৰণ নাৰী যেন লগা নাই। কিবা যেন এটি বিশিষ্টতা প্ৰচ্ছন্ন হৈ আছে তোমাৰ মাজত৷ কোৱাচোন তোমাৰ আচল পৰিচয় কি?

খুৰমৰ উৎকণ্ঠা দেখি ঝুমুৰৰ ওঁঠৰ কোণত সূক্ষ্ম হাঁহিৰৰেখা ৰেখায়িত হৈ উঠিল। খুৰৰ্ম আৰু তাই সৰুতে একেখন মক্তৱতে শাস্ত্র অধ্যয়ন কৰিছিল। সৰুৰে পৰাই খুৰমৰ অধ্যয়নৰ প্ৰতি ধাউতি আছিল। অতি কঠিন বিষয়ো তেওঁ অতি কম সময়ৰ ভিতৰতে নিখুঁত ভাৱে আয়ত্ব কৰিব পাৰিছিল। তাৰ বাবে মৌলবীসকলে তাক বৰ মৰম কৰিছিল। খুৰমৰ পাণ্ডিত্য দেখি ঝুমুৰেও তেতিয়া এক অনামী আকর্ষণ অনুভৱ কৰিছিল খুৰমৰ প্ৰতি। খুৰ্মক দেখিলে তাই হৃদয়ত পুলক অনুভৱ কৰিছিল আৰু নেদেখিলে মনটো উৰুঙা উৰুঙা লাগিছিল। মুগ্ধ বিস্ময়ত তাই খুৰমৰ ফালে চাই ৰোমাঞ্চিত হৈ উঠিছিল; কিন্তু খুৰম তাইৰ প্ৰতি কোনোদিন মূৰ তুলি চোৱা নাছিল। তাৰ বাবে তাইৰ অৱশ্যে খুৰমৰ প্ৰতি কোনো অভিযোগ নাছিল।

বয়স বঢ়াৰ লগে লগে ঝুমুৰ খুৰমৰ পাণ্ডিত্যৰ কথা শুনি খুৰমৰ প্ৰতি বিশেষ ভাবে আকৰ্ষিত হৈ পৰে। কিন্তু নাৰীৰ সহজাত লাজৰ কাৰণে তাই এই কথা কোনোদিন কাৰো আগত প্ৰকাশ কৰা নাছিল। এনেকি পৰিচাৰিকা মেহেৰ বানুৰ আগতো নহয়। খুৰমে বিদেশী মৌলবীসকলক শাস্ত্ৰ তৰ্কত পৰাস্ত কৰাৰ কথা শুনি তাই আনন্দত আত্মহাৰা হৈ পৰিছিল। দেহমন ৰোমঞ্চিত হৈ উঠিছিল। গাভৰু বয়সৰ অযুত কল্পনাই তাইৰ মনত ভিৰ কৰিছিল। দেউতাকৰ সিদ্ধান্তৰ কথা শুনি তাই অধিক আকৰ্ষিত হৈ পৰিছিল খুৰমৰ প্ৰতি। কিন্তু খুৰমে দেউতাকৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ কথা শুনি তাই প্রচণ্ড ভাবে মৰ্মাহত হৈ পৰিছিল আৰু খুৰ্মক স্বামী হিচাপে পাবলৈ অধিক ব্যাকুল হৈ উঠিছিল। সেয়েহে নাৰীৰ ভূষণ লাজ-মান কাতি কৰি থৈ তাই খুৰৰ্মক বুজাই-বঢ়াই বিয়াৰ ভাবে সন্মত কৰাবলৈ পৰিচাৰিকা মেহেৰবানুক খুৰমৰ ওচৰলৈ পঠাইছিল।

জাল আৰু ফাতিমাই খুৰমক চামান গাঁলৈ পলাই অহাৰ বাবে পৰামৰ্শ দি থকাৰ সময়তে মেহেৰ বানু গৈ খুৰমহঁতৰ ঘৰত উপস্থিত হৈছিল। তেওঁলোকৰ কথা-বতৰাত ৰহস্যৰ গোন্ধ পাই মেহেৰবানুই পোনে পোনে ঘৰৰ ভিতৰলৈ সোমাই নগৈ বাহিৰতে ৰৈ তেওঁলোকৰ কথা বতৰা শুনি আছিল। অৱশেষত খুৰম ৰাতিৰ আন্ধাৰত চামান গাঁলৈ পলাই অহাৰ বাবে সিদ্ধান্ত চূড়ান্ত হোৱাৰ পাছত তাই খুৰমৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ৰাজপ্রাসাদলৈ আহি কথাটো ঝুমুৰক জনাইছিল। ঝুমুৰে তেতিয়া আগ-পাছ নাভাবি খুৰমৰ লগত পলাই আহিবলৈ সিদ্ধান্ত লৈ সন্ধিয়া হোৱাৰ লগে লগে ৰাজকীয় আ-অলংকাৰ খুলি ছদ্মবেশ ধাৰণ কৰি মেহেৰ বানুৰ সহযোগত প্রাসাদৰ পৰা পলাই আহি খুৰম অহাৰ আগতেই চামান গাঁলৈ অহা বাটৰ দাঁতিত ৰৈ আছিল।

44ৰাজপ্রাসাদৰপৰা পলাই অহাৰ সময়ত তাই মনে মনে সিদ্ধান্ত লৈ আহিছে যে, যিমান দিনলৈকে খুৰমে স্বয়ং তাইক ভালপোৱাৰ কথা স্বীকাৰ নকৰে সিমান দিনলৈকে তাই নিজৰ পৰিচয় গোপনে ৰাখিব আৰু অজ্ঞাত পৰিচয়েৰে তাই খুৰমৰ সুখ-দুখৰ লগৰী হৈ থাকিব।

সেয়েহে ঝুমুৰে দীৰ্ঘ নিঃশ্বাস এৰি ক'লে- মোৰ পৰিচয় অৱগত হৈ আপোনাৰ কি লাভ হ'? বাটত আকস্মিক ভাবে আমাৰ সাক্ষাৎ হৈছে। আমি দুয়ো বাটৰুৱা। গতিকে আমাৰ আন পৰিচয়ৰ দৰ্কাৰ কি? বাটৰ লগৰী বুলি ধৰি ল'লেই হ'ল।

তথাপি তোমাৰ নাম?

আপোনাক দেখাৰেপৰা মই মোৰ সকলো পৰিচয় পাহৰি গৈছোঁ। মই কোন? মোৰ ঘৰ ক'? মোৰ নাম কি? এইবোৰ বৰ্তমান মোৰ একো মনত পৰা নাই। মই নিজকে যেন আপোনাৰ মাজত হেৰাই পেলাইছো।

ঝুমুৰৰ মন্তব্যৰ মাজত খুৰম গভীৰ ৰহস্যৰ গোন্ধ পালে। এওঁ নাৰীনে কোনোবা মায়াবিনী? বিপদত পেলোৱাৰ কাৰণে এইদৰে এওঁ আঁভূৱাভাৰা নাইতো তেওঁক! এইদৰে অলেখ প্রশ্নই খুৰমৰ মনত তোলপাৰ লগালে। তেওঁ তির্যক সন্ধানী দৃষ্টিৰে ঝুমুৰৰ ফালে চালে। কিন্তু ঝুমুৰৰ ফুলৰ দৰে কোমল মুখমণ্ডলত তেওঁ কোনো ধৰণৰ ছলনাৰ আভাস দেখা নাপালে।

খুৰমে সপ্রশংস দৃষ্টিৰে ঝুমুৰৰ ফালে চাই ক'লে- তোমাৰ মিঠা ব্যৱহাৰেৰে দোলনাৰ দৰে দোলা দি তুমি মোৰ পথশ্ৰমৰ সকলো ক্লান্তি পাহৰাই ৰাখিছা। গতিকে তোমাক ম‍ই দোলনা বুলিয়ে মাতিম।

নতুন নাম পাই ঝুমুৰ উৎসাহিত হৈ উঠিল। ক'লে তাই- আপোনাক পথত লগ পাই ম‍ই ইমান দূৰ নিৰ্বিঘ্নে আহিব পাৰিছোঁ। গতিকে ম‍ই আপোনাক পথিক বুলি মাতিম।

নতুন নাম পাই খুৰমো উজ্জীবিত হৈ উঠিল- নতুন নাম পাই ম‍ই নিজকে ধন্য মানিছোঁ। বাৰু দোলনা, তোমাৰতো কোনো শত্ৰু নাই, তেনেহ'লে তুমি কিয় মোৰ লগত কষ্ট কৰিছা? তুমি দিনৰ পোহৰতো দেখোন নির্বিঘ্নে যাব পাৰা।

ঝুমুৰৰ মুখমণ্ডলত স্বপ্নাচ্ছন্নতা ফুটি উঠিলতাই শান্ত ধীৰ কণ্ঠত ক'লে- বিপদৰ সময়ত আপোনাক এৰি থৈ গ'লে আপুনি জানো মোক বেয়া নাপাব?

নাই নাই, খুৰম প্ৰতিবাদ কৰি উঠিল- তুমি মোক এৰি থৈ গ'লেও মই তোমাক বেয়া নাপাওঁ। অৱশ্যে মোৰ মনটো উকা উকা লাগিব। তোমাৰ সান্নিধ্য পাই মই পথশ্ৰমৰ সকলো ক্লান্তি পাহৰি আছোঁ। আইৰ বাহিৰে সকলো নাৰী ছলনাময়ী, কামিনী বুলি ইমানদিন মোৰ মনত এটা ভুল ধাৰণা আছিল। কামনা আৰু দৈহিক মিলনেই নৰ-নাৰীৰ সম্পৰ্কৰ প্ৰকৃত আকর্ষণ বুলি ভাবিছিলো। নাৰীয়ে মাথোন লবহে জানে, দিব নাজানে। এয়াই আছিল ইমানদিন নাৰী সমন্ধে মোৰ ধাৰণা। কিন্তু তোমাৰ সান্নিধ্য পাই ম‍ই মোৰ ধাৰণা সলনি কৰিবলৈ বাধ্য হৈছোঁ। নাৰী মাথোন কামিনী নহয়, মাতৃ নহয়---- নাৰী প্ৰকৃত বন্ধুও হ'ব পাৰে। দৈহিক সম্পৰ্কৰ উপৰিও নাৰীৰ লগত আত্মিক সমন্ধও গঢ়ি তোলা সম্ভৱ।

ঝুমুৰৰ মুখমণ্ডল আনন্দত উদ্ভাসিত হৈ উঠিল। তাই সুধিলে- নাৰীৰ প্ৰতি থকা এইবোৰ ভ্ৰান্ত ধাৰণাৰ ফলতেই আপুনি চাহজাদীক গ্রহণ কৰিবলৈ অমান্তি হৈছে নেকি?

খুৰমে অনুশোচনাৰ সুৰত ক'লে- মোৰ ভুল হৈছে, দোলনা। ইমান দিন আইৰ বাহিৰে কোনো নাৰীৰ মুখলৈ ম‍ই চোৱাই নাছিলো। আজি তোমাৰ মুখলৈ চাই ম‍ই অভিভূত হৈ পৰিছো। তোমাক দেখি মোৰ অনুমান হৈছে, নাৰীৰ মুখমণ্ডল, নাৰীৰ কমনীয়তা, নাৰীৰ সৌন্দৰ্য স্ৰষ্টাৰ বিস্ময়কৰ সৃষ্টি। স্ৰষ্টাই নিজৰ ৰূপ মাধুৰী নাৰীৰ মাজত ঢালি দি যেন তেওঁ নাৰীৰ মাজত আপোন সৌন্দৰ্যত উদ্ভাসিত হৈ আছে। নাৰীয়ে হাঁহিলে জোনাক সৰে। নাৰীৰ মিঠা মাতত মৌ বৰষে। নাৰীৰ স্নেহত স্বৰ্গৰ অনাবিল আনন্দতকৈও যেন বেছি মাধুৰ্য নিহিত হৈ আছে।

ঝুমুৰৰ দৃষ্টি কৌতুকোজ্জ্বল হৈ উঠিল। আবেগত তাইৰ চকুৰ পতা মুদ খাই গ'ল। তাই আবেগ বিহ্বল কণ্ঠত ক'লে- চাহজাদীক পালে এতিয়া আপুনি গ্ৰহণ কৰিব নেকি?

খুৰমে সংশয় প্রকাশ কৰি ক'লে- এবাৰ প্ৰত্যাখান কৰাৰ পাছত চাহজাদীয়ে জানো মোক ভাল পাব পাৰিব?

ঝুমুৰে সম্মোহিতৰ দৰে ক'লে- নাৰীৰ হৃদয় ফুলৰ দৰে কোমল অথচ শিলৰ দৰে কঠিন। নাৰীয়ে এবাৰ যাক ভাল পায় তাৰ কাৰণে সকলো কৰিব পাৰে। তাৰ লাঞ্ছনা-গঞ্জনা, অৱজ্ঞা, ঘৃণাকো হাঁহিমুখে পুৰস্কাৰ বুলি গ্ৰহণ কৰিব পাৰে। নাৰীৰ ভালপোৱা ৰং তুলিৰে আঁকা চিত্র নহয়, শিলৰ বুকুত কটা ভাস্কর্যহে। গতিকে আপুনি বিচাৰিলে চাহজাদীয়ে আজিও আপোনাক হাঁহিমুখে আঁকোৱালি ল'ব হয়তো।

তথাপিও সেয়া এতিয়া সম্ভৱ নহয়।

কাৰণ?

কথাটো ম‍ই এতিয়া নকওঁ। সুযোগ বুজি পাছত এদিন ক'ম।

নাৰীয়ে পুৰুষৰ মন বুজে। পুৰুষ কেতিয়া নাৰীৰ প্ৰতি আকৃষ্ট হয় সেই কথাও বুজে নাৰীয়ে। সেয়ে খুৰমে নক'লেও ঝুমুৰে কথাটো উপলব্ধি কৰিব পাৰিলে। তাইৰ প্ৰতি দুৰ্বল হৈ পৰাৰ কাৰণেইযে খুৰমে এইদৰে কৈছে এই কথা উপলব্ধি কৰিবলৈও তাইৰ অসুবিধা নহ'ল। কাৰণ তাইযে চাহজাদী ঝুমুৰ এই কথাতো খুৰমে নাজানে। কথাটো ভাবোতেই বিষাদৰ মাজতো ঝুমুৰৰ হৃদয় ৰোমাঞ্চিত হৈ উঠিল। চাহজাদী ঝুমুৰক নহ'লেও ছদ্মবেশী ঝুমুৰক যে খুৰমে ভাল পাবলৈ আৰম্ভ কৰিছে সেয়াই তাইৰ কাৰণে পৰম প্ৰাপ্তি বুলি ভাবিলে তাই।

তাই মুগ্ধ দৃষ্টিৰে খুৰমলৈ চাই ক'লে- বাৰু, আপুনি কৈছে যেতিয়া পাছতে শুনিম বাৰু। এতিয়া ব'লক পানী বিচাৰি যাওঁগৈ। হাত-মুখ ধুই কিবা এটা খাব লাগিব। পথশ্ৰমৰ কষ্টত মোৰ বৰ ভোক লাগিছে।

বাৰু ব'লা, মোৰো ভোক লাগিছে। কিবা এটা নাখালে মই খোজ কাঢ়িবই নোৱাৰিম।

দুয়ো পানী বিচাৰি ওলাল।

দীৰ্ঘ যাত্ৰাপথত ভাৱৰ আদান-প্রদান হোৱাৰ ফলত ঝুমুৰৰ প্ৰতি খুৰম লাহে লাহে আকৃষ্ট হৈ পৰিল আৰু খুৰমৰ সহজ-সৰল ব্যৱহাৰত ঝুমুৰো খুৰমৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰিল। গতিকে কঠোৰ পথশ্রমো তুচ্ছ হৈ পৰিল তেওঁলোকৰ ওচৰত। সুগভীৰ প্রশান্তিত দুয়োৰে হৃদয় ভৰি পৰিলতেওঁলোক পৰস্পৰে পৰস্পৰৰ অজ্ঞাতে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ধৰিলে- এই যাত্রাপথৰ যাতে শেষ নহয়- চিৰদিন যেন তেওঁলোকে এইদৰে একেলগে বাট বুলিব পাৰে।

কিন্তু যাত্রাপথ যিমানেই দীঘলীয়া নহওঁক কিয় তাৰ এদিন শেষ আছেই। তেওঁলোকৰ ক্ষেত্ৰতো সেয়ে হ'ল। দিনৰ ভাগত সুযোগ বুজি লুকাই থাকি, ৰাতিৰ অন্ধকাৰত পৰস্পৰে পৰস্পৰৰ হাতত ধৰি খোজ কাঢ়ি আহি আহি কালি ৰাতিপুৱা তেওঁলোক আহি চামান গাঁ পাইছেহি।

তাহমিনায়ো সিহঁতক পাই উৎফুল্লিত হৈ উঠিছে। দুদিনতে তাই খুৰমক আপোনো কৰি লৈছে। ঝুমুৰকো বাৎসল্য প্ৰেমেৰে অভিভূত কৰি পেলাইছে তাই। তাহমিনাৰ মাতৃ সূলভ মৰম স্নেহ পাই উভয়ে মুগ্ধ হৈ পৰিছে। দুখৰ মাজতো এক অনাবিল আনন্দৰ মাজত সিহঁতৰ সময়বোৰ পাৰ হৈ আছে।

চামান গাঁলৈ অহাৰ পাছত ঝুমুৰৰ প্ৰতি খুৰমৰ আকৰ্ষণ অধিক নিবিড় হৈ উঠিছে। ঝুমুৰক এটা মুহূৰ্ত নেদেখিলে যেন খুৰম ব্যাকুল হৈ উঠে- মন উৰুঙা উৰুঙা লাগে- হৃদয় হাহাকাৰ কৰি উঠে।

খুৰমৰ ব্যাকুলতা দেখি ঘৰৰপৰা পলাই অহা সাৰ্থক হৈছে বুলি ভাবি ঝুমুৰো আনন্দোজ্জ্বল হৈ উঠিছে আৰু নিজৰ পৰিচয় দিয়াৰ শুভ মুহূৰ্তৰ অপেক্ষাত তাই দিন গণি আছে।

ৰুস্তম অহাৰ বাতৰি পাইয়ে তাহমিনাই খুৰম আৰু ঝুমুৰক ৰাজোদ্যানলৈ আহি লুকাই থাকিবলৈ পৰামৰ্শ দি তাই নিজে গৈছিল কস্তমক বিদায় সম্ভাষণ জনাবলৈ।

তাহমিনাৰ পৰামৰ্শ অনুসৰি খুৰম আৰু ঝুমুৰ ৰাজোদ্যানত এজোপা গোলাপ গছৰ আঁৰত বহি আছিল। কিন্তু সংযোগ বশতঃ রুস্তম তাহমিনাৰ পৰা বিদায় লৈ ৰাস্তাত উঠি উদ্যানৰ ফালে চোৱাৰ সময়তে ৰক্তমৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ চাহজাদী ঝুমুৰ থিয় দিছিল আৰু তেতিয়াই তাই ৰুস্তমৰ চকুত পৰি গৈছিল।

খুৰমক চিনিব পাৰি কস্তম উত্তেজিত হৈ উঠিল। তেওঁ বাঘৰ দৰে দ্ৰুত অথচ সন্তৰ্পণে আহি খুৰম আৰু ঝুমুৰৰ সম্মুখত যমদূতৰ দৰে থিয় হ'ল।

ৰুস্তমক দেখি খুৰম আৰু ঝুমুৰ আতংকিত হৈ উঠিল। খুৰম তৎক্ষণাৎ বহাৰপৰা উঠি থিয় হ'ল। কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা নকৰাকৈয়ে ৰস্তমে অতর্কিতে খাপৰপৰা তৰোৱাল উলিয়াই খুৰৰ্মৰ মূৰ লক্ষ্য কৰি আঘাত হানিলে।

তীব্ৰ আৰ্তনাদ কৰি খুৰম মাটিত ঢলি পৰিল আৰু ঝুমুৰে খুৰম' বুলি চিঞৰি খুৰমক সাৱটি ধৰিলে।

ইফালে কস্তমক বিদায় দি ৰুস্তম ৰাজপ্রাসাদ ত্যাগ কৰি যোৱাৰ বাতৰি খুৰম আৰু ঝুমুৰক জনাবলৈ তাহমিনা ৰাজোদ্যানলৈ আহি আছিল। খুৰম আৰু ঝুমুৰৰ গগণ ভেদি আৰ্তনাদ তাইৰ কাণত পৰিল। আৰ্তনাদত অশুভ বাৰ্তাৰ ইংগিত পাই তাই অস্থিৰ ভাবে তেওঁলোকৰ ফালে দৌৰি আহিল।

তাহমিনা লৰি অহাটো ৰস্তমৰ চকুতো পৰিল। তেওঁ সজাগ হৈ উঠিল। তাহমিনাৰ দ্বাৰা তিৰস্কৃত হোৱাৰ ভয়ত তেওঁ দ্রুত ৰাজোদ্যানৰপৰা দৌৰি ওলাই আহিয়ে জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি বহিল।

এনেতে ইৰাণৰপৰা ৰস্তমক বিচাৰি অহা দূতজনো আহি সেইখিনি পালেহি। দূতজন ক চিনিব পাৰি ৰস্তমে ব্যস্ত ভাবে সুধিলে- ইৰাণৰ খবৰ কি?

দূতে ক'লে- তুৰস্কৰ বাদচাহ আবচাৰিয়াবে ইৰাণ আক্ৰমণ কৰিছে। জাহাপনাই আপোনাক তলব কৰিছে আৰু খুৰমৰ প্ৰাণদণ্ডাদেশ প্রত্যাহাৰ কৰিছে বুলিও সেনাপতি গেওৱে মোৰ আগত কৈ পঠাইছে।

ৰুস্তমে হুমুনিয়াহ কাঢ়ি ক'লে- তাৰ আৰু প্ৰয়োজন নাই। ব'লা, যিমান সোনকালে সম্ভৱ আমি ইয়াৰপৰা আঁতৰি যাব লাগিব। এইদৰে কৈয়ে ৰস্তম প্ৰচণ্ড গতিত ইৰাণ অভিমুখে ঘোঁৰা চেঁকুৰালে।

ইফালে তাহমিনা দৌৰি আহি খুৰমক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি ঘটনাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি তাই খুৰমবুলি চিঞৰি খুৰমক সাৱটি ধৰিলে ক'লে-- খুৰম বোপা, তোৰ এই অৱস্থা কোনে কৰিলে, বোপা?

খুৰমে যন্ত্ৰণা কাতৰ কণ্ঠত সেহাই সেহাই ক'লে- মোৰ অদৃষ্টই আম্মাজান। মোৰ অদৃষ্টই মোক জীয়ীই থাকিবলৈ নিদিলে। ইয়াত আব্বাজানৰ কোনো দোষ নাই। তাহমিনাই ব্যথা বিগলিত কণ্ঠত কলে- বোপা, তোৰ আব্বাজানৰ লগত ছলনা কৰিও তোক মই জীয়ীই ৰাখিব নেৱাৰিলো। মোৰ এই ছলনাৰ বাবেই হয়তো নিয়তিয়ে মোৰ ওপৰত নিষ্ঠুৰ প্ৰতিশোধ ল'লে।

তাহমিনাই লক্ষ্য কৰিলে খুৰমৰ মূৰত গভীৰ ক্ষত সৃষ্টি হৈছে আৰু ক্ষতস্থানৰ পৰা ধাৰাষাৰে তেজ বৈ আছে। তাই তৎক্ষণাৎ নিজৰ ওড়ণাৰে ক্ষতস্থান বান্ধি দি ঝুমুৰক উদ্দেশ্য কৰি ক'লে- তুমি খুৰমক ধৰি থাকা। ম‍ই এতিয়াই হেকিম মাতি লৈ আহি আছোঁ। এইদৰে কৈয়ে তাই উধাতু খাই হেকিম মাতিবলৈ লৰি গ'ল৷

ঝুমুৰ খুৰমৰ মূৰটো আলফুলে নিজৰ কোলাতলৈ ক'লে- মোৰ প্ৰেম, মোৰ ভালপোৱা.. ..তুমি মোক এৰি থৈ গুচি গ'লে ম‍ই কাকলৈ জীয়াই থাকিম, পথিক? তোমাক ম‍ই ভালপাওঁ, পথিক। ম‍ই তোমাক ভালপাওঁ। ঝুমুৰৰ কণ্ঠস্বৰ লাহে লাহে বাম্পাৰূদ্ধ হৈ আহিল।

খুৰমৰ যন্ত্ৰণা বিকৃত মুখমণ্ডলত সূক্ষ্ম হাঁহিৰ ৰেখা ফুটি উঠিল। তেওঁ ঝুমুৰৰ গাত হাত বুলাই ক'লে- ময়ো তোমাক ভালপাও দোলনা। তোমাকলৈ মই দাম্পত্য প্ৰেমেৰে ভৰা এখন সংসাৰৰ সপোন দেখিছিলো। কিন্তু খোদা তায়ালাৰ সেয়া অভিপ্রেত নাছিল। হঠাৎ মনত পৰাৰ দৰে খুৰমে ক'লে- কিন্তু দোলনা, তুমিতো তোমাৰ পৰিচয় মোক নিদিলা?

মই তোমাৰ দোলনা, এয়াইতো মোৰ পৰিচয়। ইয়াৰ বাহিৰে বৰ্তমান মোৰ বেলেগ কোনো পৰিচয় নাই, পথিক।

খুৰমৰ মুখমণ্ডল কৌতুকত উদ্ভাসিত হৈ উঠিল। ক'লে- তোমাৰ পৰিচয় তুমি গোপনে ৰাখিব খুজিলেও ম‍ই কিন্তু তোমাৰ পৰিচয় পাই গৈছোঁ, দোলনা। খুম আচকনৰ পকেটৰপৰা চিঠি এখন উলিয়াই ঝুমুৰক দেখুৱাই ক'লে- এই চিঠিখন তুমিয়ে লেখা নহয়নে?

চিঠিখন দেখি শোকৰ মাজতো ঝুমুৰ লাজত ৰঙা পৰি গ'ল। খুৰমৰ অনুমান মিছা নহয়। চিঠিখন তায়ে লেখা। ৰাতি নিজৰ বিষয়ে সকলো কথা জনাই তাই খুৰমলৈ চিঠিখন লেখিছিল। তাইৰ আচল নামো তাই লেখিছে চিঠিৰ তলত। সময় সুযোগ বুজি চিঠিখন তাই খুৰমক দিব বুলি সিদ্ধান্তলৈ মেজৰ ওপৰত থৈ শুই পৰিছিল। কিন্তু ৰাতিপুৱা তাই চিঠিখন লুকাই থ'বলৈ পাহৰি গৈছিল।

ঝুমুৰে লাজ মিহলি কণ্ঠত সুধিলে- চিঠিখন আপুনি পালে ক'?

তোমাৰ মেজৰ ওপৰত।

ঝুমুৰে আবেগত খুৰমৰ কপালত চুমা খাই ক'লে- মই আপোনাক ভালপাও, পথিক। কিন্তু ম‍ই এতিয়া চাহজাদী নহওঁ। মই এতিয়া দোলনা- মাথোন আপোনাৰ দোলনা।

খুৰমে অনুশোচনাৰ সুৰত ক'লে- মই বুজিব নোৱাৰি এক অমূল্য ৰত্ন লাভৰপৰা বঞ্চিত হ'লো, দোলনা। এই জীৱনত তোমাক নাপালেও জীৱনৰ সিপাৰলৈ গৈ তোমাৰ কাৰণে ম‍ই অপেক্ষা কৰিম।

আপুনি তেনেকৈ নক', পথিক। আপোনাক ম‍ই মৰিবলৈ নিদিওঁ। মোৰ প্ৰেমেৰে আপোনাক মই জীয়াই তুলিম।

এনেতে উধাতু খাই লৰি আহি তাহমিনা সেইখিনি পালেহি। তাই ব্যস্ত ভাবে কলে- অলপ পাছতে হেকিম আহি পাবহি। ব'লা দোলনা, খুৰমক আমি প্রাসাদলৈ লৈ যাওঁহি।

খুৰমে বাধা দি ক'লে- হেকিমৰ প্ৰয়োজন নাই, আম্মাজন। এতিয়া কোনো হেকিমেই মোক বচাব নোৱাৰে। আঘাত মোৰ মূৰৰ গভীৰলৈ সোমাই গৈছে। মোৰ চকুৰ দৃষ্টি নিষ্প্রভ হৈ আহিছে। মূৰত তীব্ৰ যন্ত্ৰণা আৰম্ভ হৈছে। কোনো চিকিৎসাই এতিয়া মোক বচাব নোৱাৰে, আম্মাজান। খুৰমে আচ্ছন্নৰ দৰে ক'বলৈ ধৰিলে- আম্মাজান, মই আব্বাজানৰ দৰেই ইৰাণক ভালপাও। আব্বাজানৰ সপোন মই ফলিয়াব নোৱাৰিলো তাৰ বাবে আব্বাজানক মোক ক্ষমা কৰিবলৈ ক'ব আৰু মোৰ মৃত্যুৰ পাছত মোৰ শৱদেহ ইৰাণলৈ নি কবৰ দিব। ইৰাণৰ মাটিত শুই থাকিলে মাতৃৰ কোলাত শুই থকাৰ দৰেই অনুমান হ'ব। তাহমিনাক এইদৰে কৈ তেওঁ ঝুমুৰলৈ উদ্দেশ্য কৰি ক'লে- দোলনা, তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ সান্নিধ্য পাই মই পৃথিবীখনক নতুনকৈ আবিস্কাৰ কৰিবলৈ আৰম্ভ কৰিছিলো। তোমাক এৰি থৈ যাবলৈ মোৰ বৰ কষ্ট হৈছে। পাৰিলে তুমি মোৰ কবৰত এগছি চাকি জ্বলাবা। তেতিয়া ম‍ই তোমাৰ সান্নিধ্যত থকা বুলি ভাবিম। আম্মাজান মোৰ বৰ কষ্ট হৈছে, আম্মাজান।

লাহে লাহে খুৰমৰ কণ্ঠস্বৰ অস্পষ্ট হৈ আহিল। শেষত তেওঁ অস্ফুট কণ্ঠত সেহাই সেহাই কলে- বিদায় আম্মাজান... বিদায়. দোলনা..... খুৰমৰ হৃদ স্পন্দন হঠাৎ বন্ধ হৈ গ'ল। তাহমিনা আৰু ঝুমুৰ একেলগে খুৰমবুলি চিঞৰি উঠিল।

*     *   *

 

 

 

 

                                           (একৈছ)

 

ৰুস্তম অহাৰ বাতৰি পাই ইৰাণী সৈন্য উজ্জীৱিত হৈ উঠিল আৰু কায়কাউচেও নতুন প্ৰাণ পালে। তেওঁ তৎক্ষণাৎ ৰস্তমক ৰাজদৰবাৰলৈ মাতি পঠিয়ালে।

ৰুস্তম অৱসন্নভাবে ৰাজদৰবাৰলৈ সোমাই আহি অভিবাদন কৰি থিয় হ'ল। ৰস্তমৰ কোঠৰাগত চকুত নিস্তেজ উদ্‌ভ্ৰান্ত দৃষ্টি। মূৰৰ চুলি কক্ষ অবিন্যস্ত। পুৰণি শীর্ণ খুঁটাৰ দৰে বিধ্বস্ত চেহেৰা। মূৰৰ ওপৰেদি যেন এক প্ৰচণ্ড ধুমূহা পাৰ হৈ গৈছে এনেকুৱা এটি অভিব্যক্তি বিদ্যমান তেওঁৰ সমগ্ৰ অৱয়বত।।

ধুমূহা নহয়, ধুমূহাতকৈও প্রচণ্ড এজাক বা-মৰলি বৈ আছে ৰস্তমৰ হৃদয়ত। আপত্য স্নেহৰ প্ৰচণ্ড ঘূৰ্ণীবতাহ তেওঁৰ হৃদয়ত পাক খাই ঘূৰি আছে। সেই ঘূর্ণীবতাহ, স্মৃতিৰ বতাহ। সেই স্মৃতি আপত্য স্নেহৰ স্মৃতি। নিৰ্দোষী খুৰ্মক ৰাজাদেশত নির্মম ভাবে হত্যা কৰিলেও তাৰ স্মৃতিক তেওঁ বহু চেষ্টা কৰিও হত্যা কৰিবপৰা নাই। তেওঁ যিমানেই খুৰৰ্মৰ স্মৃতিক হত্যা কৰিবলৈ চেষ্টা কৰিছে, সিমানেই যেন সেই স্মৃতি তেওঁৰ স্মৃতি-পটত অধিক সজীৱ হৈ উঠিছে। চকুৰ আগত অহৰহ ভাহি ফুৰিছে খুৰমৰ ৰক্তাক্ত দেহৰ প্ৰতিচ্ছবি।

ৰুস্তম জীৱিত কালত খুৰমক ভাল চকুৰে চোৱা নাছিল। কাৰণ খুৰম তেওঁৰ ইচ্ছাৰ অনুকূলে চলিছিল। তেওঁতকৈ মাতৃ ফাতিমাকহে খুৰমে অধিক গুৰত্ব দিছিল। খুৰমক তেওঁ তেওঁৰ যোগ্য উত্তৰাধিকাৰী হিচাপে গঢ়ি তুলিব খুজিছিল; কিন্তু খুৰম তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে শাস্ত্র অধ্যয়ন কৰিবলৈ গৈছিল। সৈনিকৰ পুতেকে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যোৱাটো তেওঁ কোনোদিনে সহজ ভাবে ল'ব পৰা নাছিল। সেয়ে খুৰমৰ প্ৰতি তেওঁৰ এক বিদ্বেষৰ ভাৱ আছিল। এনেকি খুৰমৰ মূৰত অস্ত্রাঘাত কৰাৰ সময়তো তেওঁৰ হাত কঁপা নাছিল। হৃদয়ত তিলমানো আপত্য স্নেহ সঞ্চাৰ হোৱা নাছিল। কিন্তু খুৰমক হত্যা কৰাৰ পাছত যিমানে সময় বাগৰিছে সিমানে যেন খুৰমৰ প্ৰতি তেওঁৰ আপত্য স্নেহ উত্তোৰত্তৰ বৃদ্ধি হৈ আছে। চকুৰ আগত সজীৱ হৈ নাচি ফুৰিছে খুৰমৰ টুকুৰা-টুকুৰ স্মৃতি।

খুৰমৰ আত্মা যেন ৰুস্তমৰ আগে আগে ছাঁৰ দৰে লৰি ফুৰিছে। অস্ত্রাঘাত কৰাৰ প্ৰাক্-মুহূৰ্তত খুৰমৰ চকুত নির্বোধ আকুতি ভৰা দৃষ্টি উদ্ভাসিত হৈ উঠিছিল। সেই দৃষ্টি যেন এতিয়াও ৰুস্তমৰ চকুৰ আগত ভাহি ফুৰিছে আৰু ৰস্তমক কৈ ফুৰিছে- মোক ক্ষমা কৰা আব্বাজান। মই তোমাৰ অক্ষম অপদার্থ সন্তান। মই তোমাৰ কোনো আকাংক্ষাই পূৰণ কৰিব নোৱাৰিলো। এই অক্ষমতাৰ বাবে তুমি মোক ক্ষমা কৰা। তুমি মোক হত্যা নকৰিবা, আব্বাজান।

চকুৰ আগত সেই আকৃতিভৰা দৃষ্টি ভাহি উঠিলেই ৰস্তমৰ বুকু হম্হমাই উঠে। কোনোবাই যেন কলিজা আঁজুৰি নিব খুজে। কস্তমে ভাবিবলৈ বাধ্য হ', যে নির্বোধ নিৰীহ সন্তানৰ প্ৰতিয়ে হয়তো পানীৰ তলৰ আন্তঃসলিলা সোঁতৰ দৰে পিতৃ-মাতৃৰ হৃদয়ত অধিক মৰম- চেনেহৰ সোঁত নীৰৱে বৈ থাকে। খুৰমৰ প্ৰতিও হয়তো তেওঁৰ হৃদয়ৰ এচুকত চেনেহ নামৰ সুঁতিটো বৈ আছিল। তাৰ ফলতেই হয়তো তেওঁৰ এই দুৰ্বলতা। খুৰমে যদি তেওঁৰ ফালে ক্ষমা খোজাৰ ভংগীত নাচাই ঘৃণাৰ দৃষ্টিৰে চালেহেঁতেন তেনেহ'লে হয়তো তেওঁ এই যন্ত্রণাৰপৰা মুক্তি পালেহেঁতেন।

কদমৰ স্মৃতিয়েও রুস্তমক কম থকা-সৰকা কৰা নাই। কিন্তু কদমৰ মৃত্যুৰ কাৰণে তেওঁৰ দুঃখ নাই- আছে মাথোন আফচোচ্ । বীৰ পুত্ৰই বীৰৰ দৰে মৃত্যুক আঁকোৱালি লৈছে। তেওঁ নিজেওতো ইয়াকে বিচাৰিছিল। তথাপিতো কিয় জানো কদমৰ কথা মনত পৰাৰ লগে লগে হৃদয়ৰ কোনোবাখিনিত বিষাদ বেদনা মোচড় দি উঠে। বুকু ভাঙি চুৰমাৰ হৈ যাব খুজে। আঃ! কিযে এক বিৰাট সম্ভাৱনা কলিতে মৰহি গ'ল! ইয়াৰ উপৰিও দাঢ়ি-গোঁফ নগজা বীৰ যুৱকৰ বৰ্ণণা শুনিও ৰস্তম কিছু পৰিমাণে বিচলিত হৈ উঠিছে। পুত্ৰ বিয়োগ ব্যথাত তেওঁ দুৰ্বল- অৱসন্ন। জীৱনত পৰাজয় কি বস্তু তেওঁ নাজানে। হঠাৎ যদি এজন যুৱকৰ হাতত তেওঁ পৰাজয় বৰণ কৰিব লগা হয়, তেনেহ'লে তেওঁৰ ওৰেটো জীৱনৰ গৌৰৱ গাঁথা নিমিষতে ধূলিস্যাৎ হৈ যাব। তেতিয়া তেওঁ লোক-সমাজত মুখ উলিয়াব কেনেকৈ? এই দুঃশ্চিন্তায়ো তেওঁক কম থকা-সৰকা কৰা নাই।

ৰুস্তমৰ অৱস্থা দেখি কায়কাউচ বিচলিত হৈ উঠিল। তেওঁ অপেক্ষাকৃত শান্ত সুৰত ক'লে- ইমান দিন ক'ত আছিলা? তোমাৰ অনুপস্থিতিৰ সুযোগলৈ তুর্কী সৈন্যই সীমান্তত তোলপাৰ লগাইছে। এতিয়া যোৱা, বিশ্রাম লোৱাগৈ। কাইলৈ তুমি যুদ্ধেক্ষত্ৰত অৱতীৰ্ণ হ'ব লাগিব। কাইলৈ দিনৰ ভিতৰতে মই তুর্কী যুৱকৰ ছিন্ন শিৰ ম‍ই চাব খুজো।

ৰুস্তমে যথাৰীতি মূৰ দোৱাই অভিবাদন কৰি ক'লে- মোক মুক্তি দিয়ক, জাহাপনা। মোৰ দেহৰ বল, মনৰ উদ্যম সকলো নিঃশেষ হৈ গৈছে। মোৰ দ্বাৰা যুদ্ধজয় সম্ভৱ নহ', জাহাপনা। ম‍ই অৱসৰ বিচাৰো।

চাহজাদী ঝুমুৰৰ অন্তৰ্দ্ধানৰ ফলত ক্ষোভ, অপমান, হতাশাত কায়কাউচৰ দেহমন স্বাভাৱিকতে ভাঙি পৰিছে। তদুপৰি আসন্ন যুদ্ধত পৰাজয়ৰ কথা ভাবিও তেওঁ অস্থিৰ হৈ উঠিছে। এতিয়া ৰুস্তমেই তেওঁৰ একমাত্ৰ ভৰসা। সেয়েহে কস্তমে অৱসৰৰ কাৰণে প্ৰাৰ্থনা জনোৱাত তেওঁ স্বাভাবিকতে অধিক অস্থিৰ হৈ উঠিল। তেওঁ ৰস্তমক উৎসাহিত কৰাৰ কাৰণে কোমল শান্ত সুৰত ক'লে- চোৱা ৰুস্তম, তিনি পুৰুষ ধৰি তোমালোকে ইৰাণৰ বিজয়ধ্বজা বহন কৰি আহিছা। এতিয়া এজন সাধাৰণ যুৱকৰ পৰাক্ৰমত যদি ইৰাণৰ স্বাধীনতা বিপন্ন হয়, ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? তোমাক ম‍ই কথা দিছোঁ, এই যুদ্ধই হ'ব তোমাৰ শেষ যুদ্ধ। এই যুদ্ধৰ পাছতে তোমাক অৱসৰ দিয়া হ'ব। ৰুস্তমে খুৰমক হত্যা কৰাৰ বাতৰি তেতিয়ালৈকে ইৰাণ আহি পোৱা নাছিল। সেয়ে কায়কাউচে ৰস্তমক অধিক উৎসাহিত কৰিবলৈ ক'লে- তুমি শুনি সুখী হবা যে, ম‍ই খুৰমৰ প্রাণদণ্ডাদেশ প্রত্যাহাৰ কৰিছোঁ।

খুৰমৰ প্ৰাণদণ্ডাদেশ প্রত্যাহাৰ কৰাৰ কথা শুনি ৰুস্তম তীব্ৰকণ্ঠত আৰ্তনাদ কৰি উঠিল- জাহাপনা !

ৰুস্তমৰ যন্ত্ৰণা কাতৰ চিঞৰ শুনি কায়কাউচ অপ্ৰস্তুত হৈ পৰিল। তেওঁ বিব্ৰত কণ্ঠত সুধিলে- কি হ'ল ৰস্তম? খুৰমৰ দণ্ডাদেশ প্রত্যাহাৰৰ কথা শুনি তুমি আৰ্তনাদ কৰি উঠিলাযে! তেনেহ'লে কি তুমি....... কায়কাউচে উত্তেজনাত বাক্যটো আধৰুৱাকৈ এৰিলে।

ৰুস্তমে বিহ্বলৰ দৰে ক'লে- আপোনাৰ আদেশত ম‍ই খুৰমক হত্যা কৰিছো, জাহাপনা।

ৰস্তম! কায়কাউচ বলিয়াৰ দৰে চিঞৰি উঠিল- ই তুমি কি কৰিলা, ৰস্তম! তুমি মোৰ আশা-আকাংক্ষা, সপোনক হত্যা কৰিছা?

কস্তুমে ব্যংগৰ হাঁহি মাৰি ক'লে- এতিয়া অনুশোচনা কৰি লাভ নাই, জাহাপনা। যি হ'ব লগা আছিল সেয়া হৈ গৈছে। ৰস্তমৰ কাৰণে ৰাজাদেশ স্বয়ং খোদা তায়ালাৰ আদেশ। আদেশ দিয়াৰ সময়ত আপুনি এই কথা চিন্তা কৰিব লাগিছিল, জাহাপনা।

কায়কাউচৰ সকলো কাঠিন্য, শক্তি, আভিজাত্য, অহংকাৰ যেন কাঁচৰ ঘৰৰ দৰে ভাঙি চূৰমাৰ হৈ গ'ল। অনুশোচনাত তেওঁৰ হৃদয় দগ্ধ হ'বলৈ ধৰিলে। আহত কণ্ঠত তেওঁ আৰ্তনাদ কৰি উঠিল- আঃ ৰস্তম! সেয়া মোৰ মনৰ কথা নাছিল। তুমি মোৰ অন্তৰৰ ভাষা কিয় নুবুজিলা, ৰুস্তম? পিতাৰ হাতত পুত্ৰ হত্যাৰ আদেশ দিয়া দেখি তুমি বুজিব লাগিছিল, কি কাৰণত এই নির্মম আদেশ দিয়া হ'ল। আচলতে মই খুৰ্মক হত্যা কৰিব খোজা নাছিলো, ৰস্তম। হত্যাৰ আদেশেৰে তাৰ হৃদয়ত মাথোন ভয়হে সঞ্চাৰ কৰিব খুদিছিলো। যাতে সি ভয়ত মোৰ আদেশ পালন কৰিবলৈ বাধ্য হয়। কিন্তু মোৰ হৃদয়ৰ ভাষা নুবুজি তুমি নির্দোষী খুৰমক হত্যা কৰিলা? খুৰমক হত্যা কৰাৰ সময়ত তোমাৰ হাত নকঁপিলনে? উথলি নুঠিলনে তোমাৰ আপত্য চেনেহ? তোমাৰ হৃদয়ত কি দয়া-মমতা বোলা কোনো অনুভূতি নাই, কস্তম? তোমাৰ হৃদয় কি ইস্পাতেৰে নিৰ্মিত?

কস্তমে নিৰ্বিকাৰ কণ্ঠত ক'লে- মোৰ ওচৰত পুত্ৰ স্নেহতকৈ ৰাজাদেশ বহুত উর্দ্ধত, জাহাপনা। পুত্র হত্যাতো তুচ্ছ কথা, আপোনাৰ আদেশ পালে মই নিজৰ কলিজাও আঁজুৰি উলিয়াই আপোনাৰ পদতলত অঞ্জলি দিব পাৰোঁ। পুত্ৰ প্রেম, ভ্রাতৃ প্রেম, পত্নী প্রেম, স্বদেশ প্ৰেমতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, জাহাপনা। ইৰাণ মোৰ ধ্যান, ইৰাণ মোৰ জ্ঞান, ইৰাণ মোৰ কলিজাৰ স্পন্দন। ইৰাণৰ আকাশ...... ইৰাণৰ বতাহ মোৰ প্ৰাণতকৈও আপোন। ইৰাণৰ বাদচাহৰ আদেশ মোৰ ওচৰত খোদা তায়ালাৰ আদেশ।

কথাবোৰ কৈ ৰস্তম আবেগিক হৈ উঠিল আৰু পৰাধীন ইৰাণৰ দুঃখ দৈন্য প্ৰতিচ্ছবি তেওঁৰ চকুৰ আগত ভাহি উঠিল। অসহিষ্ণু বিৰক্তিত তেওঁৰ ললাটৰ ৰেখা কুঞ্চিত হৈ উঠিল। লগে লগে তেওঁ সিংহ বিক্ৰমত হুংকাৰ দি উঠিল- হয়, মই যুদ্ধ কৰিম। ম‍ই জীয়াই থকালৈকে ইৰাণৰ স্বাধীনতা বিপন্ন হ'বলৈ নিদিও। মোৰ ইৰাণ---- মোৰ স্বদেশ---- মোৰ বেহেস্ত। মই জীয়াই থকালৈকে তোমাৰ স্বাধীনতা মই কেতিয়াও বিপন্ন হ'বলৈ নিদিও। মোৰ দেহত এক বিন্দু তেজ থকালৈকে মই তোমাৰ স্বাধীনতা ৰক্ষাৰ বাবে যুঁজি যাম। তোমাৰ স্বাধীনতা যিবোৰে হৰণ কৰিবলৈ আহিছে সিহঁত মোৰ প্ৰাণৰ শত্ৰু। সিহঁতক ম‍ই সমূচিত শিক্ষা দি ইৰাণৰ পৰা খেদি পঠিয়াম। আবচাৰিয়াবৰ ৰাজ্য লোভ ম‍ই চিৰদিনৰ কাৰণে স্তব্ধ কৰি দিম। আচ্ছন্নৰ দৰে এইবোৰ কথা কৈ তেওঁ পুনৰ বাস্তৱলৈ ঘূৰি আহিল। তেওঁ কায়কাউচৰ ফালে চাই আনুৰোধৰ সুৰত ক'লে- কিন্তু জাহাপনা, ম‍ই ছদ্মবেশতহে কৰিম। যুদ্ধ চলি থকা সময়ত যেন কোনেও মোৰ আচল পৰিচয় প্ৰকাশ নকৰে। এয়া মোৰ আপোনাৰ ওচৰত অনুৰোধ৷

এজন কম বয়সীয়া যুৱকৰ লগত যুদ্ধ কৰিবলৈ টান পাই ৰস্তমে নিজৰ পৰিচয় গোপন ৰাখিব খুজিছে বুলি কায়কাউচে উপলব্ধি কৰিব পাৰিলে। কায়কাউচ ইয়াত কোনো দোষৰ কাৰণো নেদেখিলে। সেয়ে তেওঁ ৰস্তমক আশ্বাস দিবলৈ ক'লে- বাৰু, তুমি বিচৰামতেই তোমাৰ পৰিচয় গোপনে ৰখা হ'ব। এইদৰে কৈয়ে তেওঁ সভাসদসকললৈ উদ্দেশ্য কৰি ক'লে- মহামহিমসকল, যুদ্ধ চলি থকা সময়ত যাতে কোনেও কোনো পৰিস্থিতে ৰস্তমৰ পৰিচয় প্ৰকাশ নকৰে তাৰ বাবে সতর্ক থাকিবলৈ সৈন্যসকলক সাৱধান কৰি দিব। এই মুহূর্তেই সৈন্যবোৰক মোৰ এই আদেশ জনাই দিয়ক। এইদৰে আদেশ দিয়ে তেওঁ বিষণ্ণ ভাবে দৰবাৰ কক্ষ ত্যাগ কৰিলে।

সিদিনাৰ কাৰণে দৰবাৰ সিমানতে অন্ত পৰিল।

                 *        *        *

 

 

 

 

 

                                            (বাইছ)

পাছদিনা ৰস্তমৰ নেতৃত্বত ইৰাণী বাহিনী নৱ উদ্যমত যুদ্ধক্ষেত্ৰলৈ আহি শাৰী পাতি থিয় হ'ল।

তুর্কী বাহিনী চোহৰাবৰ নেতৃত্বত আগতেই আহি যুদ্ধক্ষেত্ৰত শাৰী পাতি ৰৈ আছিল।

ইৰাণী বাহিনী যুদ্ধৰ বাবে শাৰী পাতি থিয় হোৱাৰ পাছত তুর্কী বহিনীৰ মাজৰপৰা চোহৰাৰ ঘোঁৰা চেঁকুৰাই ইৰাণী বাহিনীৰ ওচৰলৈ আহি দ্বৈত যুদ্ধৰ আহবান জনালে- আমি অনাহকত সৈন্য ক্ষয় কৰি লাভ নাই। ইৰাণৰ সৰ্বশ্ৰেষ্ঠ বীজন আহি মোৰ লগত যুদ্ধ দিয়কহি। আমাৰ দুজনৰ জয় পৰাজয়ে উভয় বাহিনীৰ আজিৰ যুদ্ধৰ জয়-পৰাজয় নিশ্চিত হ'যদি কস্তম যুদ্ধক্ষেত্ৰত আছে, তেনেহ'লে কস্তমকেই মই মোৰ ফালৰপৰা যুদ্ধৰ বাবে আহবান জনাইছোঁ। তেওঁ আহি মোৰ লগত যুদ্ধ দিয়কহি।

সেনাপতি গেও আগবাঢ়ি আহি ক'লে- আমি তোমাৰ চৰ্ত মানি লৈছোঁ, যুৱক; কিন্তু ৰুস্তম যুদ্ধ ক্ষেত্ৰত উপস্থিত নাই। সেয়ে আমি বেলেগ এজন যোদ্ধাক পঠাই আছো। তেওঁক হৰুৱাব পাৰিলেই আজিৰ যুদ্ধত আমি পৰাজয় স্বীকাৰ কৰি ল'ম।

চৰ্ত সাপেক্ষে উভয় পক্ষৰ সৈন্য এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান লৈ শাৰী পাতি থিয় হ'ল।

ৰাক্সৰ পিঠিত উঠি ৰুস্তম যুদ্ধক্ষেত্ৰলৈ আহি আহ্বান জনালে- আহা, কাৰ মৰণৰ পাখি গজিছে সি আহি মোৰ লগত যুদ্ধ দিয়াহি।

ছোহৰাব ঘোঁৰা চেঁকুৰাই আহি ৰস্তমৰ মুখা-মুখি হ'ল।

দুই সিংহ যেন দুফালৰপৰা আহি ফেপেৰি পাতি থিয় হ'ল।

উভয়ৰ মূৰত লোৰে নিৰ্মিত শিৰস্ত্ৰাণ। বুকুত চামৰাৰ মাজত অপেক্ষাকৃত ডাঙৰ আকাৰৰ লোৰ ঘূৰণীয়া বুতাম লগোৱা বৰ্ম। হাতত কব্জিৰপৰা কিলাকুটিলৈকে বুকুত লগোৱা বৰ্মৰ অনুৰূপ আৱৰণ। পিন্ধোনত আচকন, ঢিলা পায়জামা। ভৰিত লোৰ নাল লগোৱা চামৰাৰ জোতা। উভয়ৰ হাতত অভিনৱ আকৃতিৰ গদা। এডাল মজবুত লোৰ মাৰিৰ আগত ফুটবলৰ আকৃতিৰ তিনিটাকৈ লোৰ বল শিকলিৰে বন্ধা।

ৰস্তমৰ ঘোঁৰাৰ ৰং বগা আৰু চোহৰাবৰ ঘোঁৰাৰ ৰং ক'লা চানেকীয়া। ঘোঁৰাৰ ৰঙৰ লগত মিলি যোৱাকৈ এজনৰ পৰিচ্ছদ বগা আৰু আনজনৰ ক'লা চানেকীয়া।

এজন মধ্যাহ্নৰ তেজোদীপ্ত প্ৰখৰ সূৰ্য আৰু আনজন আবেলিৰ অস্তগামী সূর্য। এজন অনভিজ্ঞ চঞ্চল তজবজীয়া আৰু আনজন অভিজ্ঞতা পুষ্ট ধীৰ- স্থিৰ- অপেক্ষাকৃত মন্থৰ।

যুঁজৰ আগতে ষাঁড় গৰুৱে ফেপেৰি পতাৰ দৰে দুয়ো কিছু সময় ফেপেৰি পাতি ৰৈ থাকি কোনেও কাকো আক্ৰমণ নকৰাকৈ এজন আনজনৰ বিপৰীত দিশত দ্ৰুত গতিত ঘোঁৰা চেঁকুৰাই আঁতৰি গ'ল। পঞ্চাছ ষাঠি গজমান যোৱাৰ পাছত উভয়ে ঘোঁৰা ঘূৰাই বাজপাখিৰ দৰে এজনে আনজনৰ ফালে চোঁচা ল'লে।

দুয়ো কাষ চাপি আহি এজনে আনজনক লক্ষ্য কৰি গদাৰে আঘাত কৰিলে। গদাই গদাই সংঘৰ্ষ লাগি জুইৰ ফিৰঙতি ওলাল। ঠাচ্ ঠাচ্ কৈ উপৰ্যুপৰি তিনিটা ধাতৱ শব্দ হ'ল। কিন্তু কাৰো একো ক্ষয় ক্ষতি নহ'ল। উভয়ে অক্ষত অৱস্থাত আগৰ দৰে পুনৰ বিপৰীত দিশত দ্রুত আঁতৰি গ'ল।

তিনিবাৰমান অনুৰূপ আক্রমণ চলাই কোনেও কাকো ধাৰাশায়ী কৰিব নোৱাৰি উভয় যেন মত্ত হাতীৰ দৰে ক্ষিপ্ত হৈ উঠিল। নানা কৌশল, অগী- ভংগীৰে পৰস্পৰে পৰস্পৰৰ ওপৰত উপর্যুপৰি আক্ৰমণ চলালে।

মৰুময় প্ৰান্তৰ ধূলি দূসৰিত হৈ উঠিল। উভয় পক্ষৰ সৈন্যই সেই অভাৱনীয় দৃশ্য নিৰাপদ দূৰত্বত অৱস্থান লৈ ৰুদ্ধশ্বাসে উপভোগ কৰিবলৈ ধৰিলে। বহুপৰ যুঁজিও কোনেও কাকো বলে নোৱাৰি দুয়ো শ্রান্ত-ক্লান্ত হৈ ভাগৰি পৰিল। ঘোঁৰা দুটাৰো দৌৰিবপৰা শক্তি ক্ৰমাৎ নিঃশেষ হৈ আহিল। ঘোঁৰাৰ মুখৰপৰা ফেনা আৰু গাৰপৰা অবিশ্ৰান্ত ধাৰাত ঘামৰ স্ৰোত ববলৈ ধৰিলে।

চোহৰাবৰ পৰাক্ৰম দেখি ৰুস্তম আতংকিত হৈ উঠিল। এজন যুৱকৰ গাতযে ইমান শক্তি থাকিব পাৰে সেয়া তেওঁৰ কল্পনাৰো অগোচৰ আছিল। চোহৰাবৰ দৈহিক শক্তি আৰু যুদ্ধৰ অপূৰ্ব কৌশল দেখি তেওঁ শিয়ৰি উঠিল। দুবাৰ তেওঁ কথমপিহে নিজক ৰক্ষা কৰিব পাৰিছে চোহৰাবৰ আক্ৰমণৰপৰা। গতিকে বিশ্রাম লোৱাৰ প্ৰয়োজন উপলব্ধি কৰি তেওঁ প্ৰস্তাৱ আগবঢ়ালে- ক্লান্ত সৈনিকৰ ওপৰত অস্ত্রাঘাত কৰা যুদ্ধ-নীতিৰ পৰিপন্থী। গতিকে আমি বর্তমান বিশ্ৰাম লৈ পুনৰ আবেলি মিলিত হোৱাই যুক্তি সংগত হ'ব। আমাৰ ঘোঁৰাও অবিশ্রান্ত পৰিশ্ৰমৰ ফলত ভাগৰি পৰিছে। ঘোঁৰা দুটাক অন্ততঃ বিশ্রাম দিয়া প্রয়োজন।

প্রতিপক্ষ প্রবীণ যুদ্ধা। গতিকে চোহৰাবে ৰস্তমৰ পৰামৰ্শ মানি লোৱাটো উচিত হ'ব বুলি ভাবিলে। তদুপৰি তেওঁ নিজেও পৰিশ্ৰান্তপ্রতিপক্ষৰ ৰণ কৌশল দেখি তেওঁ অভিভূত। ৰস্তমৰ বাহিৰেও ইৰাণী সৈন্যদলত যে ইমান পৰাক্ৰমী যোদ্ধা থাকিব পাৰে সেয়া তেওঁৰ কল্পনাৰো অগোচৰ আছিল। এবাৰ কথমপিহে তেওঁ প্ৰতিপক্ষৰ আঘাত প্রতিহত কৰিব পাৰিছে। নহ'লে সেই আঘাততে তেওঁ ধৰাশায়ী হ'লহেঁতেন। তেওঁৰ নিজৰো বিশ্রাম লোৱা প্ৰয়োজন। ঘোঁৰাটোও পৰিশ্ৰান্ত। গতিকে তেওঁ প্ৰতিপক্ষৰ প্ৰস্তাৱত সম্মতি জনাই ক'লে- বাৰু, আপোনাৰ প্ৰস্তাৱ মানি ল'লোঁ। আমি আবেলি পুনৰ মিলিত হমহি।

এইদৰে কৈয়ে চোহৰাব ঘোঁৰা চেঁকুৰাই নিজৰ শিৱিৰ অভিমুখে গুচি গ'ল।

কিন্তু ৰুস্তম নিজৰ শিৱিৰলৈ নগৈ ঘোঁৰা চেঁকুৰাই এডোখৰ নিৰ্জন ঠাইলৈ আহিল। এজোপা গছৰ তলত বহি তেওঁ অলপ আগতে হৈ যোৱা যুদ্ধৰ ভুল-ত্রুটিসমূহ বিশ্লেষণ কৰিবলৈ ধৰিলে।

চোহৰাবক হৰুৱাব নোৱাৰি তেওঁ স্বাভাৱিকতে হত উদ্যম হৈ পৰিছেজীৱনত তেওঁ বহু যোদ্ধা দেখিছে; কিন্তু চোহৰাবৰ দৰে পৰাক্ৰমী যোদ্ধা তেওঁ ইয়াৰ আগতে কেতিয়াও প্রতিপক্ষ হিচাপে লগ পোৱা নাছিল। আধাতে যুদ্ধ স্থগিত ৰাখি গুচি অহা এয়াই তেওঁৰ জীৱনৰ প্ৰথম অভিজ্ঞতা। চোহৰাবক দেখি তেওঁ ক্ষন্তেক সময়ৰ ভিতৰতে ধৰাশায়ী কৰিব পাৰিব বুলি ভাবিছিল; কিন্তু বাস্তৱত সেয়া সম্ভৱ হৈ নুঠিল। তেওঁ নিজেই তিনিবাৰ ধৰাশায়ী হোৱাৰ উপক্ৰম হৈছিল। কথমপিহে তেওঁ সেই আক্ৰমণৰপৰা নিজক ৰক্ষা কৰিব পাৰিছে। আনহাতে তেওঁ মাথোন এবাৰহে চোহৰাবক শলঠেকত পেলাবলৈ সক্ষম হৈছে।

ইয়াৰ কাৰণ কি? ৰস্তমে কাৰণসমূহ জুকিয়াই চাবলৈ ধৰিলে। চোহৰাব নবীন। গতিকে চোহৰাব তেওঁতকৈ তজবজীয়া; কিন্তু চোহৰাব তেওঁতকৈ অনভিজ্ঞ। আনহাতে তেওঁ প্ৰবীণ। গতিকে তেওঁ চোহৰাৰতকৈ মন্থৰ। কিন্তু তেওঁ চোহৰাবতকৈ অভিজ্ঞ। দৈহিক বলত দুয়ো প্রায় সমান সমান। অভিজ্ঞতাৰ ফালৰপৰা চোহৰাব ৰস্তমৰ তুলনাত তেনেই শিশু। চোহৰাব অভিজ্ঞ হ'লে বহু আগতেই তেওঁক পৰাজিত কৰিব পাৰিলেহেঁতেন। একমাত্র অভিজ্ঞতাৰ বলতেই তেওঁ সিমান সময় চোহৰাবৰ বিৰুদ্ধে যুঁজিব পাৰিছে। নহ'লে কেতিয়াবাই তেওঁ পৰাজয় স্বীকাৰ কৰিবলগা হ'লহেঁতেন।

এইবোৰ কথা মনত জুকিয়াই চাই পৰৱৰ্ত্তী পৰ্যায়ৰ যুদ্ধৰ সময়ত ৰস্তম দৈহিক বলৰ পৰিৱৰ্ত্তে কৌশলৰ ওপৰতহে অধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত ল'লে।

সৈন্যসকলৰ মানসিকতাৰ ওপৰতো এই যুদ্ধৰ প্ৰভাৱ পৰিল ।

এফালে চোহৰাবৰ পৰাক্ৰম দেখি তুর্কী শিৱিৰত নৱ উদ্যমৰ সূচনা হ'ল আৰু আনফালে ইৰাণী শিৱিৰত ৰস্তমৰ শিথিলতা দেখি হতাশাৰ সৃষ্টি হ'ল। চোহৰাবৰ হাতত যে ৰুস্তম কেবাবাৰো প্ৰায় পৰাজয় স্বীকাৰ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছিল সেই দৃশ্যৰ কথা ভাবি ইৰাণী শিৱিৰ অধিক আতংকিত হৈ উঠিল। দুই বিপৰীতমুখী চিন্তাই উভয় শিৱিৰত তোলপাৰ লগালে।

বিশ্ৰামলৈ আবেলি দুয়ো পুনৰ যুদ্ধক্ষেত্ৰত মিলিত হ'ল। দুই সিংহৰ পুনৰ যুঁজ চলিল।

সন্ধিয়াৰ আগে আগে ৰুস্তম আৰু চোহৰাব উভয়ৰ গদা শিকলিৰ বলত জোঁটা-পুটি লাগি ধৰিল আৰু চোহৰাবৰ টান সহ্য কৰিব নোৱাৰি ৰস্তম ঘোঁৰাৰ পিঠিৰপৰা বাগৰি পৰিল। ৰুস্তমৰ গদা চোহৰাবৰ হাতত থাকি গ'ল। চোহৰাব জাঁপ মাৰি ঘোঁৰাৰ পিঠিৰপৰা নামি কস্তমক খেদি আহিল।

নিৰস্ত্ৰ ৰস্তম আসন্ন মৃত্যু ভয়ত আতংকিত হৈ উঠিল। সম্মুখত কালান্তক যম, অথচ প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে তেওঁৰ হাতত কোনো অস্ত্র নাই। গতিকে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে তেওঁ কিবা এটা পোৱাৰ আশাত কেউফালে দৃষ্টি বুলালে। অনতিদূৰত এডাল মজলীয়া আকৃতিৰ গছ উভালি পৰি থকা তেওঁৰ চকুত পৰিল। তেওঁ তৎক্ষণাৎ দৌৰি গৈ গছজোপা দাঙি চোহৰাবৰ ফালে চোঁচা ল'লে।

ৰস্তমৰ হাতত গছডাল দেখি চোহৰাব শংকিত হৈ উঠিল। প্রতিপক্ষই গছডাল তেওঁৰ ওপৰত নিক্ষেপ কৰিলে জীয়াই থকাটো সম্ভৱ নহ'ব বুলি ভাবি তেওঁ কিছু পৰিমাণে আতংকিতও হৈ উঠিল। আত্মৰক্ষাৰ বাবে তেওঁ তৎক্ষণাৎ দুই সাম্ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ কৰা পকী দেৱালৰ ওচৰলৈ দৌৰি গৈ দেৱালটোৰ আঁৰলৈ থিয় হ'ল।

ৰস্তমে গছডাল দাঙি চোহৰাব থিয় দি থকা দেৱালটোৰ ওচৰলৈ আহিল।

চোহৰাব তৎক্ষণাৎ দেৱালৰ বিপৰীত ফাললৈ গ'ল। ৰুস্তম পুনৰ চোহৰাব থিয় দি থকা ফাললৈ আহিল। চোহৰাব পুনৰ আগৰ ফাললৈ আহিল।

এইদৰে ঠাই সলনা-সলনি প্ৰক্ৰিয়া চাৰিবাৰ্মান চলিল। অৱশেষত কস্তম অধৈৰ্য হৈ উঠিল। তেওঁ চোহৰাবক দেৱাল পৃষ্ঠ কৰি মাৰিবলৈ সিদ্ধান্ত লৈ গছডাল দলিয়াই পেলাই গাৰ বলেৰে হাতীৰ দৰে দেৱালটো ঠেলিবলৈ ধৰিলে।

লাহে লাহে মাটি ফাট মেলি দেৱালটো চোহৰাবৰ ওপৰত কাৰ্তি হৈ পৰিল। চোহৰাৰ দেৱাল পৃষ্ট হৈ মৰিল বুলি ভাবি ৰস্তম কৌতূহল বশতঃ চোহৰাবৰ অন্তিম অৱস্থা চাবলৈ দেৱালৰ ফাঁকেৰে জুমি চালে।

দেৱাল পৃষ্ট হৈ মৰাৰ ভয়ত চোহৰাব গাৰ বলেৰে দেৱালখন ঠেলি ধৰি কুঁজা হৈ থিয় দি আছিল। ৰস্তমক দেখাৰ লগে লগে তেওঁ হাতত থকা গদাৰে ৰস্তমৰ মূৰ লক্ষ্য কৰি আঘাত হানিলে।

ৰুস্তমে চোহৰাবৰ আকস্মিক আঘাত প্ৰতিৰোধ কৰাৰ সুযোগ নাপালেগদাৰ এটা বল তেওঁৰ কপালত লাগিল। তীব্র আর্তনাদ কৰি তেওঁ স্প্রিঙৰ দৰে জাঁপ মাৰি কেই হাতমান আঁতৰি আহিল। পৃথিবীখন তেওঁৰ চকুৰ আগত কুমাৰৰ চাকৰ দৰে চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। দুহাতেৰে মূৰ হেঁচি ধৰি তেওঁ মাটিত লেপেটা কাঢ়ি বহি পৰিল।

চোহৰাব দেৱালৰ তলৰপৰা ওলাই আহি ৰুস্তম প্ৰকৃতিস্থ হৈ উঠাৰ আগতেই পুনৰ আঘাত হানিবলৈ উদ্যত হ'ল।

আসন্ন মৃত্যু ভয়ত রুস্তম বিচলিত হৈ উঠিল। তেওঁ আঁঠুকাঢ়ি বহি হাতযোৰ কৰি যন্ত্ৰণা কাতৰ কণ্ঠত অনুৰোধ জনালে- এইবাৰৰ কাৰণে মই তোমাৰ ওচৰত প্ৰাণ ভিক্ষা মাগিছোঁ, বীৰ। প্ৰতিপক্ষক এবাৰ প্ৰাণ ভিক্ষা দিয়াটো বীৰৰ ধৰ্ম।

বয়সত নবীন হ'লেও চোহৰাব বীৰৰ ধৰ্ম বুজে। কস্তমৰ ভীত সন্ত্ৰস্ত মুখৰ ফালে চাই তেওঁৰ মনত সহানুভূতিও উপজিল। উত্তোলিত গদা তেওঁ তললৈ নমাই আনি ধীৰ শান্ত সুৰত ক'লে- বাৰু, প্ৰথমবাৰৰ কাৰণে আপোনাৰ প্রাণভিক্ষা দিয়া হ'ল। যাওঁক, শিৱিৰলৈ গৈ বিশ্রাম লওঁকগৈ।

চোহৰাব জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি যুদ্ধজয়ৰ আনন্দত উচ্ছ্বসিত হৈ নিজৰ ছাউনীৰ ফালে ঘোঁৰা চেঁকুৰালে।

এফালে ৰুস্তমৰ পৰাজয়ত ইৰাণী বাহিনী হতাশাত ভাঙি পৰিল আৰু আনফালে যুদ্ধজয়ৰ আনন্দত তুর্কী শিৱিৰ উল্লাস উচ্ছ্বাসত মুখৰ হৈ উঠিল। তুর্কী শিৱিৰত চোহৰাব আৰু আবচাৰিয়াবৰ মূহুৰ্মূহু জয়ধ্বনি ঘোষিত হ'বলৈ ধৰিলে- জয় মহবীৰ চোহৰাবৰ জয়.... জয় বাদচাহ আবচাৰিয়াবৰ জয়.......

ৰস্তমক হাতৰ মুঠিত পাইয়ো এৰি দিয়াৰ কাৰণে আবচাৰিয়াব কিন্তু সুখী হ'ব নোৱাৰিলে। কাৰণ চোহৰাবে নাজানিলেও আবচাৰিয়াব জানে, পৰাজিত সৈনিকজন আন কোনো নহয়, স্বয়ং ৰুস্তমহে আছিল। দুটা যুগ ধৰি তেওঁ যি সুযোগৰ অপেক্ষাত আছিল উদাৰতা দেখুৱাবলৈ গৈ চোহৰাবে সেই সুযোগৰ মূৰত কুঠাৰাঘাত কৰাৰ ফলত তেওঁ স্বাভাৱিকতে ক্ষুব্ধ হৈ উঠিল। নিৰুদ্ধ আক্রোশত তেওঁ দাঁত মুখ কৰচি সৈন্য বাহিনীৰ মাজলৈ আহি গৰ্জি উঠিল- বন্ধ কৰা, বন্ধ কৰা এই জয়ধবনি।

অবাক বিস্ময়ত হতভম্ভ হৈ সৈন্যবোৰে জয়ধবনি দিবলৈ বন্ধ কৰি ইজনে সিজনৰ মুখলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই তলমূৰ কৰিলে।

এনেতে বিজয়ৰ আনন্দত উল্লসিত চোহৰাব সেইখিনি আহি পালেহি।

আবচাৰিয়াৰ দপদপাই চোহৰাবৰ ওচৰলৈ আহি কৈফিয়ৎ খোজাৰ ভংগীত সুধিলে- এয়া তুমি কি কৰিলা, যুৱক? পৰাজিত সৈন্যক হাতৰ মুঠিত পাই এৰি দি আহিলা? তুমি জানা, তোমাৰ এই বদান্যতাৰ কাৰণে আমাৰ জীৱন পৰ্যন্ত বিপন্ন হ'ব পাৰে?

প্রশংসিত হোৱাৰ পৰিবৰ্তে তিৰস্কৃত হোৱাত চোহৰাবে মৰ্মান্তিক আঘাত পালে। তদুপৰি আবচাৰিয়াবৰ প্ৰশ্ন সোধাৰ ভংগী দেখিও তেওঁ মনে মনে বিৰক্ত হৈ উঠিল। বিৰক্তিভৰা কণ্ঠত ক'লে তেওঁ- পৰাজিত প্রতিপক্ষই প্রাণ ভিক্ষা খুজিলে, এবাৰৰ কাৰণে প্ৰাণ ভিক্ষা দিয়াটো বীৰৰ ধৰ্ম। ম‍ই বীৰ ধৰ্মহে পালন কৰিছোঁ মাথোন। ইয়াত আপুনি বেয়া পালেও মোৰ কৰিবলগা একো নাই।

আবচাৰিয়াবে বিদ্বেষ ভৰা কণ্ঠত কলে- পৰাজিত শত্ৰুক হাতৰ মুঠিত পাই এৰি দি তুমি আত্মতৃপ্তি লাভ কৰিব পাৰা; কিন্তু আমি নোৱাৰোঁ। ইমানখিনি মনোবলো আমাৰ নাই। এই ঘটনাৰ যদি পুনৰাবৃত্তি কৰা ম‍ই মোৰ বাহিনী লৈ গুচি যাবলৈ বাধ্য হ'ম।

চোহৰাবে শান্ত অথচ দৃঢ় কণ্ঠত কলে- কাইলৈয়ে মই আপোনাক সেইজন সৈনিকৰ ছিন্ন শিৰ উপহাৰ দিম, এই বিষয়ে আপুনি নিচিন্ত থাকিব পাৰে।

এইদৰে কৈয়ে আবচাৰিয়াবৰ অনুমতিলৈ অপেক্ষা নকৰি চোহৰাব নিজৰ তম্বুৰ ফালে গুচি আহিল।

                     *    *   *

 

                                          (তেইছ)

ইফালে চোহৰাবৰ হাতত পৰাজিত হোৱাৰ গ্লানিত ৰুস্তম মৰ্মাহতহৈ পৰিল। লাজ-অপমান, বিষাদ-বেদনাত তেওঁৰ হৃদয় ক্ষত-বিক্ষত হ'বলৈ ধৰিলে। লগে লগে তেওঁৰ দেহৰ বল আৰু মনৰ উদ্যমো নিঃশেষ হৈ আহিবলৈ ধৰিলে। পৰাজয়ৰ গ্লানিৰে মসীলিপ্ত মুখলৈ তেওঁ নিজৰ সেনা-বাহিনীৰ ওচৰলৈ যাবলৈ সংকোচিত হৈ উঠিল। এক পলায়নবাদী মনোভাৱে তেওঁৰ হৃদয়ত ক্ৰিয়া কৰিবলৈ ধৰিলে।

অৱশেষত কস্তমে বহু ভাবি-চিন্তি নিজৰ সেনা বাহিনীৰ ওচৰলৈ নোযোৱাৰ সিদ্ধান্ত ল'লে। কোন মুখে তেওঁ নিজৰ সেনা বাহিনীৰ ওচৰলৈ যাব? কেনেকৈ তেওঁ মুখ দেখুৱাব সিহঁতক? তেওঁ যেন নিঃস্ব-রিক্ত। তিলে তিলে দেহৰ তেজ ঢালি তেওঁ যি যশ, খ্যাতি প্রতিষ্ঠা লাভ কৰিছিল আজিৰ পৰাজয়ৰ লগে লগে যেন সকলো ধূলিস্যাত হৈ গ'ল। এইদৰে এক হীনমান্যতাৰ মনোভাবে ৰুস্তমৰ হৃদয় থকা- সৰকা কৰিবলৈ ধৰিলে। ফলত লাজ-অপমানত তেওঁ অধিক অস্থিৰ হৈ উঠিল।

ৰুস্তমে এইদৰে গুণা-গঁথা কৰি থাকোতেই বেলি পাটত বহিল। সন্ধ্যাৰাগৰ পৰশত ৰঙচুৱা হৈ উঠিল সন্ধিয়াৰ আকাশ। যুঁজ চলিল পোহৰ আৰু অন্ধাৰৰ মাজত। প্রতিপত্তিৰ যুঁজ। অৱশেষত আন্ধাৰৰে জয় হ'ল। পোহৰ খেদি ধৰাৰ বুকুলৈ সীমাহীন আন্ধাৰ নামি আহিল।

আন্ধাৰৰ নিবিড় সান্নিধ্যত ৰুস্তমৰ পলায়নবাদী অনুভূতি অধিক সক্ৰিয় হৈ উঠিল। তেওঁৰ হৃদয়ৰ আন্ধাৰবোৰে যেন ৰাতিৰ আন্ধাৰৰ বুকুত নিৰাপদ আশ্রয় বিচাৰি পালে। নাই, তেওঁ এতিয়া সঁচাকৈয়ে নিৰাপদ। কোনেও এতিয়া ভ্ৰূকূটি মিশ্ৰিত দৃষ্টিৰে তেওঁৰ ফালে চাই তেওঁক ক্ষত-বিক্ষত কৰিব নোৱাৰে।

এটা সময়ত ৰুস্তম আচ্ছন্নৰ দৰে বহাৰপৰা উঠিল। ৰাক্সক চৰিবলৈ এৰি দি তেওঁ আন্ধাৰৰ মাজে মাজে খোজ ল'লে। উদ্দেশ্যহীন সেই যাত্রা। এটা সময়ত তেওঁ নিজ শিৱিৰৰপৰা ভালেখিনি আঁতৰলৈ গুচি আহিল।

ভোক-পিয়াহ, কপালৰ বিষ আৰু পৰাজয়ৰ গ্লানিত তেওঁৰ দেহ-মন অৱসন্ন হৈ পৰিল। তেওঁৰ ভৰি দুখনো থৰক-বৰক কৰিবলৈ ধৰিলে। অৱসন্ন ভাবে তেওঁ এচটা শিলৰ ওপৰত বহি পৰিল আৰু নিশাৰ আন্ধাৰক কেন্দ্ৰ কৰি তেওঁৰ হৃদয়ত চিত্র-বিচিত্র অলেখ অনুভূতি জাগি উঠিল।

মূৰৰ ওপৰত তৰা খচিত আকাশ। ৰুস্তম আকাশলৈ চাই পঠিয়ালে; কিন্তু আনদিনা দেখাৰ দৰে আকাশখন ভাল নালাগিল । তেওঁৰ ধাৰণা হ', মূৰৰ ওপৰত যেন জুইৰ সাগৰ এখনহে নিথৰ হৈ ওলমি আছে। যিকোনো মুহূৰ্তত তেওঁৰ মূৰৰ ওপৰত হুৰমূৰকৈ ভাঙি পৰাৰ বাবেই যেন ওলমি আছে জুইৰ সাগৰখন। ৰুস্তম ইৰাণী ছাউনীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। ৰাতিৰ নিৰন্ধ আন্ধাৰৰ মাজত ডুবগৈ আছে ছাউনীটো। ছাউনীৰ চাৰিওফালে আন্ধাৰৰ লগত যুঁজি যুঁজি জ্বলি আছে শ শ জোঁৰৰ শিখা। তেওঁৰ ধাৰণা হ', জোঁৰৰ শিখাবোৰে যেন যিকোনো মুহূৰ্তত ছাউনীটো গ্ৰাস কৰিবলৈ জিভা মেলি লক্‌লকাই আছে।

ছাউনীত প্রাণ চাঞ্চল্য নাই। ছাউনীটো নৈঃশব্দই গ্ৰাস কৰি ৰাখিছে। সৈন্যবোৰ হতাশাত ভূগি আছে। ৰুস্তমৰ পৰাজয়ত সৈন্যবোৰে উদ্যম হেৰাই পেলাইছে। উৎসাহ উদ্দীপনা স্তিমিত হৈ পৰিছে। প্ৰাণ চাঞ্চল্য নিস্তেজ হৈ পৰিছে। মাজে মাজে নৈঃশব্দৰ চক্রব্যুহ ভেদ কৰি ভাহি আহিছে কাঁহৰ শব্দ। কাঁহৰ শব্দই যেন ছাউনীটো কবৰলৈ ৰূপান্তৰিত হোৱাৰ পৰা কথমপি ৰক্ষা কৰি আছে।

ৰুস্তমে ইৰাণী ছাউনীৰপৰা দৃষ্টি ঘূৰাই তুর্কী ছাউনীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। তুর্কী ছাউনীতো সেই একেই জোৰৰ পোহৰৰ ব্যৱস্থা। কিন্তু তুর্কী শিৱিৰৰ জোঁৰৰ শিখাবোৰ ৰস্তমৰ উপলব্ধিত ফুলৰ দৰে অনুমান হ'ল। ছাউনীৰ চাৰিওফালে যেন জুইৰ ফুলবোৰ জমকাই ফুলি আছে। ছাউনীটো যেন তাৰেই সৌন্দৰ্যত উদ্ভাসিত হৈ আছে।

তুর্কী শিৱিৰত প্ৰাণ চাঞ্চল্যও আছে। টুকুৰা-টুকুৰ কথা-বতৰাৰ লগতে হাঁহিৰ শব্দও মাজে মাজে ভাহি আহিছে নিশাৰ আন্ধাৰ ভেদ কৰি ।

ৰুস্তমৰ হৃদয় অসহ্য গ্লানিৰ ব্যথাত মোচড় দি উঠিল। হাঁহিৰ শব্দ যেন তেওঁৰ মৰ্মস্থলত শেলৰ দৰে বিন্ধিবলৈ ধৰিলে। লগে লগে অলেখ স্মৃতি ৰুস্তমৰ চৌপাশে ভিৰ কৰি থিয় হ'ল।

ৰুস্তম জীৱনত বহু যুদ্ধ কৰিছে। অগণন শত্ৰুৰ মূৰ দেহচ্যুত কৰিছে। অগণন মাতৃৰ বুকু খালী কৰিছে। অগণন সতী-সধ্বীক স্বামীৰ প্ৰেমৰপৰা বঞ্চিত কৰিছে। সেই পুত্ৰহাৰা মাতৃৰ বুকু ভঙা আৰ্তনাদ, সতী-সাধবীৰ হা-হুতাশ যেন দাবানলৰ দৰে তেওঁক গ্ৰাস কৰিবলৈ মুখ ব্যদন কৰি আগবাঢ়ি আহিবলৈ ধৰিলে। ৰুস্তমে দুহাতেৰে মুখ ঢাকি চিঞৰি উঠিল- নাই নাই, মোক পুৰি নামাৰিবা। ম‍ই জীয়াই থাকিব বিচাৰোঁ। মই মোৰ বাবে একো কৰা নাই। ম‍ই যি কৰিছোঁ সকলো দেশৰ কাৰণে কৰিছো। ইৰাণৰ জনগণৰ কাৰণে কৰিছো। মোক ক্ষমা কৰা। মই অৱসন্ন- মই ক্লান্ত। পুত্ৰ শোকৰ জুয়ে মোক দহি মাৰিছে। ভূতৰ ওপৰত দানহ পৰাদি মোক পুৰি নামাৰিবা। দেহৰ বল, মনৰ উদ্যম মই হেৰাই পেলাইছোঁ। পুত্ৰ শোক, পৰাজয়ৰ গ্লানিয়ে মোক পুৰি ছাই কৰি পেলাইছে। পৰাজয়ৰ গ্লানি ধুই হৃত গৌৰৱ পুনৰোদ্ধাৰ কৰিবলৈ মোক মাথোন এটা দিন জীয়াই থাকিবলৈ সুযোগ দিয়া।

ৰুস্তমৰ দৃষ্টি পথৰপৰা দাবানল যেন ভোজবাজিৰ দৰে হঠাৎ অদৃশ্য হৈ গ'ল। দাবানলৰ ঠাইত প্ৰকট হৈ উঠিল কিছুমান ৰক্তাক্ত দেহৰ প্রতিচ্ছবি। প্রতিচ্ছবিবোৰ প্রেতাত্মাৰ দৰে অনুমান হ'বলৈ ধৰিলে ৰস্তমৰ মনত। সিহঁতে অভিযোগ ভৰা কণ্ঠত ক'বলৈ ধৰিলে- তুমি আমাক হত্যা কৰিছিলা কিয়? কি অপৰাধ কৰিছিলো আমি? আমি বেতন ভোগী সাধাৰণ সৈনিক আছিলো, পেটৰ দায়ত যুদ্ধ কৰিবলৈ গৈছিলো। তোমাৰ পৰাক্ৰমৰ আগত তিষ্ঠিব নোৱাৰি আমি পৃষ্ঠ প্ৰদৰ্শন কৰি পলাই আছিলো। যুদ্ধজয়ৰ উল্লাসত আমাৰ পিছে পিছে খেদি গৈ তুমি আমাক হত্যা কৰিছিলা। এতিয়া আসন্ন পৰাজয়ৰ ভয়ত তুমি বিচলিত হৈছা কিয়? মৃত্যু ভয়ত অস্থিৰ হৈছা কিয়? মৃত্যুতো এদিন তোমাৰ হাতৰ পুতলা আছিল। আজি সেই মৃত্যু ভয়ত অস্থিৰ হৈছা কিয়? জীৱনৰ প্ৰতি মানুহৰ মায়া কিমান এতিয়া বুজিব পাৰিছানে? আমি কিমান আশালৈ দৌৰি পলাই আছিলো, এতিয়া উপলব্ধি কৰিব পাৰিছানে?

এইদৰে অভিযোগ কৰি প্রেতাত্মাবোৰো এটা সময়ত অদৃশ্য হৈ পৰিল। লগে লগে তেওঁৰ চকুৰ আগত ভাহি উঠিল তাহমিনাৰ বিষাদাচ্ছন্ন অভিযোগ ভৰা মুখৰ প্ৰতিচ্ছবি। তাই ক'বলৈ ধৰিলে- মোৰ নাৰী জীৱনৰ আমোদ-আহ্লাদ তুমি কিয় হত্যা কৰিলা? মোৰ নাৰীত্বক কিয় পদদলিত কৰিলা তুমি? তুমি নিষ্ঠুৰ, তুমি ঠগ, তুমি প্ৰৱঞ্চক......

তাহমিনাৰ মুখৰ প্ৰতিচ্ছবিও শূন্যত মিলি গ'ল। তাৰ ঠাইত প্ৰকট হৈ উঠিল ফাতিমাৰ মুখৰ প্ৰতিচ্ছবি। তাই ক'বলৈ ধৰিলে- দেশৰ সেৱাত ব্যস্ত থাকি তুমি আমাৰ ফালে ভালদৰে চোৱাৰ সুযোগে নাপালা। দুটুকুৰা শুকান ৰুটীৰ বাহিৰে দেশৰ ওচৰত কি পালা তুমি? পুত্ৰৰ মূৰত অস্ত্রাঘাত কৰাৰ সময়ত তোমাৰ বুকু কঁপি নুঠিলনে? এতিয়া নিজৰ মৃত্যু আসন্ন দেখি শিয়ঁৰি উঠিছা কিয়? শিলৰ দৰে কঠিন বুকু কিয় মৃত্যু ভয়ত কঁপি উঠিছে? মৃত্যুৰ হিম শীতল স্পর্শ কেনেকুৱা নিষ্ঠুৰ এতিয়া উপলব্ধি কৰিব পাৰিছানে? এজন মানুহৰ বাবে জীৱনটো কিমান আপোন আৰু কিমান মূল্যবান এতিয়া অনুমান কৰিব পাৰিছানে?

ফাতিমাৰ মুখৰ প্ৰতিচ্ছবিও এটা সময়ত শূন্যত মিলি গ'ল। সেই ঠাইত প্ৰকট হৈ উঠিল খুৰমৰ ৰক্তাপ্লুত দেহ, কদমৰ তেজেৰে ৰঞ্জিত অভিযোগহীন কোমল মুখৰ প্ৰতিচ্ছবি। সিহঁতে সকৰুণ দৃষ্টিৰে তেওঁৰ ফালে চাই মৌন ভাষাত বহু কথা ক'লে। কিন্তু কস্তমে সেই মৌন ভাষাৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিলে। এটা সময়ত সেই সকৰুণ দৃষ্টিৰ ফালে চাই থাকিবলৈ তেওঁৰ সাহস নোহোৱা হ'ল। দুহাতেৰে মুখ ঢাকি তেওঁ কেঁকুৰি উঠিল- হে খোদা, এয়া তুমি কি কৰিলা? মোৰ বুকুৰ কলিজা কিয় অকালতে কাঢ়ি নিলা, খোদা? সিহঁতৰ মৃত্যুৰ আগতে মোক মৃত্যু নিদিলা কিয়?

আসন্ন যুদ্ধত পৰাজয়ৰ সম্ভাৱনাতো ৰুস্তম অস্থিৰ হৈ উঠিল। তেওঁ দুহাত ওপৰলৈ দাঙি আল্লাহৰ ওচৰত সকৰুণ প্ৰাৰ্থনা জনাবলৈ ধৰিলে- হে খোদা, তুমি মোক শক্তি দিয়া, খোদা। তুমি মোৰ বাহুত শক্তি দিয়া। মাথোন এটিবাৰৰ বাবে মোৰ হৃত শক্তি ওভতাই দিয়া, মেহেৰবান।

এইদৰে প্ৰাৰ্থনা কৰি ৰস্তমে ওৰেটো নিশা খোলা আকাশৰ তলত উজাগৰে কটাই দিলে। দুচকুৰপৰা লোতক বাগৰি তেওঁৰ নোমাল বুকু তিতি গ'ল। তেওঁৰ দেহ অৱসন্ন নিস্তেজ হৈ পৰিল। অৱসন্ন ভাবে তেওঁ সূর্যোদয়লৈ অপেক্ষা কৰিবলৈ ধৰিলে।

               *      *        *

                                         

                                           (চব্বিছ)

প্ৰতিদিনৰ দৰে নতুন দিনৰ প্ৰতিশ্ৰুতি লৈ সূর্যোদয় হ'ল।

আগৰ দিনৰ পৰাজয়ৰ গ্লানি, ৰাতিৰ বিষণ্ণতা দলিয়াই পেলাই সমসজ্জা কৰি ৰুস্তম উৎকণ্ঠিত ভাবে যুদ্ধক্ষেত্ৰলৈ আহিল।

ৰুস্তমক যুদ্ধ ক্ষেত্ৰলৈ অহা দেখি চোহৰাবো সমসজ্জা কৰি যুদ্ধক্ষেত্ৰলৈ আহিল। যুদ্ধক্ষেত্ৰলৈ আহিয়ে তেওঁ ৰুস্তমক উদ্দেশ্য কৰি ক'লে- আজি আমি গদা যুদ্ধৰ পৰিবৰ্তে তৰোৱাল যুদ্ধত অৱতীৰ্ণ হ'ব খুজিছোঁ। এই বিষয়ে আপুনি আপোনাৰ মতামত জনাওক।

চোহৰাবৰ প্ৰস্তাৱটো কস্তমে পেটে পেটে ভালেই পালে। কাৰণ গদা যুদ্ধত কৌশলৰ লগতে দৈহিক শক্তিৰ প্ৰয়োজন হয়। মানসিক উত্তেজনা, পুত্ৰ বিয়োগ শোকত কস্তমৰ দৈহিক শক্তি বহু পৰিমাণে শিথিল হৈ পৰিছে। দুবাৰ যুদ্ধ কৰি ৰস্তমে এই কথাও উপলব্ধি কৰিব পাৰিছে, যে দৈহিক শক্তিত চোহৰাব তেওঁতকৈ আগবঢ়া। আনহাতে তৰোৱাল যুদ্ধত দৈহিক শক্তিতকৈ কৌশলৰহে বেছি প্ৰয়োজন হয়। অভিজ্ঞতাৰ ফালৰপৰা চোহৰাব তেওঁৰ তুলনাত তেনেই শিশু। বয়স হোৱাৰ কাৰণে ৰুস্তমৰ অৱশ্যে কিছু শিথিলতা আহিছে, অভিজ্ঞতাৰে তেওঁ সেই খিনি অভাৱ পূৰণ কৰিব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে।

গতিকে তেওঁ চোহৰাবৰ প্ৰস্তাৱত সমর্থন জনাই ক'লে- বাৰু, তুমি বিচাৰিছা যেতিয়া মোৰ ফালৰপৰা কোনো আপত্তি নাই ।

উভয়ে ঘোঁৰাৰ পিঠিত উঠি যুদ্ধৰ বাবে সাজু হ'ল।

যুদ্ধৰ পূৰ্ব মুহূৰ্তত পৰস্পৰে পৰস্পৰৰ ফালে উদ্ধত ভংগীত চাই নিজক মানসিক ভাবে প্রস্তুত কৰি ল'লে। তাৰ পাছত উভয় বীৰ সিংহ বিক্ৰমত ইজনে সিজনৰ ফালে চোঁচা ললে।

ওচৰ চাপি আহি পৰস্পৰে পৰস্পৰৰ ওপৰত তৰোৱালেৰে আঘাত হানিলে। তৰোৱালে তৰোৱালে সংঘৰ্ষ লাগি জুইৰ ফিৰঙতি ওলাল। ধাতৱ শব্দ ঝংকাৰিত হৈ চৌদিশ ৰজনজনাই গ'ল। ঘাত-প্রতিঘাতত মৰুময় প্ৰান্তৰ মুখৰ হৈ উঠিল।

যুদ্ধ প্রায় সমানে সমানে চলিল। কোনেও কাকো বলে পৰা নাই। ধৰাশায়ী হোৱা নাই কোনেও। ৰুদ্ধশ্বাসত উভয় পক্ষৰ সৈন্যই সেই অভাৱনীয় লোমহর্ষক দৃশ্য উপভোগ প্রত্যক্ষ কৰিবলৈ ধৰিলে।

ৰস্তমে তেওঁৰ দীৰ্ঘ সৈনিক জীৱনৰ অভিজ্ঞতা পুষ্ট কৌশল প্রয়োগ কৰিও চোহৰাবৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। হতাশাত ভাঙি পৰাৰ উপক্ৰম হ'ল তেওঁ।

চোহৰাৰ যুৱক। অফুৰন্ত প্ৰাণ শক্তিত তেওঁ উজ্জীৱিত। উপৰ্যুপৰি আক্ৰমণ কৰি তেওঁ ৰুস্তমক ব্যতিব্যস্ত কৰি তুলিলে।

দুয়ো এটা সময়ত শ্রান্ত-ক্লান্ত হৈ পৰিল। শেষ মুহূৰ্তত আহত বাঘৰ দৰে গৰজি উঠিল দুয়ো। হিংস্র আক্রোশত ইজনে সিজনৰ ওপৰত অবিশ্রান্ত ভাবে অস্ত্রাঘাত কৰিবলৈ ধৰিলে। চোহৰাবে এবাৰ ৰুস্তমৰ তৰোৱালত প্ৰচণ্ড আঘাত হানিলে। ৰুস্তমৰ হাতৰপৰা তৰোৱাল সুলকি দূৰলৈ গৈ ছিটকি পৰিল। নিৰুপায় হৈ ৰুস্তম ঘোঁৰাৰ পিঠিৰপৰা জাপ মাৰি নামি দিগ্বিদিক জ্ঞানশূন্য হৈ দৌৰি পলাবলৈ ধৰিলে।

চোহৰাবে ঘোঁৰাৰ পিঠিত উঠিয়ে ৰুস্তমক খেদি গ'ল। কাষ চাপি আহি তেওঁ ৰুস্তমৰ মূৰ লক্ষ্য কৰি তৰোৱালেৰে আঘাত হানিলে।

উপায়ন্তৰ হৈ ৰুস্তম এখন হাতেৰে চোহৰাবৰ হাত আৰু আনখন হাতেৰে তৰোৱালৰ ফলকত ধৰি সেই আঘাত প্রতিহত কৰিলে।

তৰোৱালটো লৈ উভয়ৰ মাজত টনা-আঁজোৰা চলিল। চোহৰাবে টানিছে তৰোৱালৰ মুঠিত ধৰি আৰু ৰুস্তমে টানিছে তৰোৱালৰ ফলকত ধৰি।

ৰস্তমৰ হাত কাটি ধাৰাষাৰে তেজ ববলৈ ধৰিলে। যন্ত্ৰণাত তেওঁৰ মুখমণ্ডল বিকৃত হৈ উঠিল। তথাপি তেওঁ তৰোৱাল এৰি নিদিলে। সেই অৱস্থাতে কেইটামান শিহৰণকাৰী মুহূৰ্ত পাৰ হৈ গ'ল।

ৰস্তমৰ হাতৰপৰা তৰোৱালখন এৰুৱাই নিবলৈ চোহৰাবে পাৰেমানে চেষ্টা চলালে; কিন্তু তেওঁ সফল নহ'ল। টনা-আঁজোৰাৰ ফলত এটা সময়ত নালৰপৰা তৰোৱালৰ ফলকখন সুলকি গ'ল। চোহৰাবৰ হাতত থাকি গ'ল তৰোৱালৰ নাল আৰু ৰুস্তমৰ হাতত ৰৈ গল তৰোৱালৰ ফলক।

কাণ্ড দেখি চোহৰাব অবাক। চোহৰাবে নিজক চম্ভালি লোৱাৰ আগতেই ৰুস্তমে তৰোৱালৰ ফলকখন বর্শাৰ দৰে চোহৰাবৰ গালৈ বুলি মাৰি পঠিয়াবলৈ উদ্যত হ'ল।

মৃত্যু আসন্ন দেখি নিৰস্ত্ৰ চোহৰাব ঘোঁৰাৰ পিঠিত বহিয়ে হাতযোৰ কৰি ক'লে- নিৰস্ত্ৰ প্ৰতিপক্ষক হত্যা কৰা বীৰ ধৰ্মৰ পৰিপন্থী, বীৰ। আপোনাক মই ইতিমধ্যে এবাৰ প্ৰাণ ভিক্ষা দিছোঁ। এইবাৰ আপুনি মোক প্রাণ ভিক্ষা দিয়ক।

ৰুস্তমে জানে, চোহৰাবক এবাৰ এৰি দিলে পুনৰ পৰাজয় কৰা সম্ভৱ নহ'ব। গতিকে তেওঁ বীৰধৰ্ম বিসর্জন দি ক'লে- গোলামৰ কোনো ধৰ্ম নাই, যুৱক। প্ৰভুৰ আদেশত শত্ৰুক হত্যা কৰাই হ'ল গোলামৰ প্ৰধান ধৰ্ম। ইষ্ট নাম স্মৰণ কৰা যুৱক। এইদৰে কৈয়ে কস্তমে তৰোৱালৰ ফলকখন পূর্ণ শক্তিৰে বৰ্ণাৰ দৰে চোহৰাবৰ গালৈ বুলি মাৰি পঠিয়ালে।

চোহৰাবে দুহাতেৰে তৰোৱালখন প্ৰতিহত কৰিবলৈ চেষ্টা কৰিলে যদিও বিফল হ'ল। বৰ্ম ভেদ কৰি ফলকখন তেওঁৰ বুকুত সোমাই গ'ল। অস্ফুট আর্তনাদ কৰি তেওঁ ঘোঁৰাৰ পিঠিৰপৰা বাগৰি কৰিল ।

ঘোঁৰাৰ পিঠিৰপৰা মাটিত পৰিয়ে চোহৰাব দুহাতেৰে বুকুত খামুচি ধৰি যন্ত্ৰণা কাতৰ কণ্ঠত কলে- তুমি পলোৱা, বীৰ। মোক অন্যায় ভাবে হত্যা কৰাৰ কথা যদি আববাজানে জানে তেনেহ'লে তুমি প্ৰাণলৈ যুদ্ধক্ষেত্ৰৰপৰা উভতি যাব নোৱাৰিবা।

ৰস্তমে উন্মাদৰ দৰে অট্টহাহি মাৰি ক'লে- তোমাৰ আশংকা অমূলক, যুৱক। একমাত্ৰ তোমাৰ বাহিৰে মোৰ অস্ত্রাঘাত সহ্য কৰিবপৰা বীৰ সমগ্র উপমহাদেশত এজনো নাই।

চোহৰাবে যন্ত্ৰণা কাতৰ কণ্ঠত সেহাই সেহাই দৃঢ় আত্মপ্রত্যয়েৰে ক'লে- আছে বীৰ। তোমাতকৈ, মোতকৈ বহু শক্তিশালী বীৰ ইৰাণত আছে। হয়তো তুমি তেওঁৰ বিষয়ে নাজানা।

ৰস্তমে তাচ্ছিল্যৰ হাঁহি মাৰি ক'লে- বাৰু, কোৱাচোন কোন সেইজন মহাবীৰ?

চোহৰাবে গৰ্বেৰে সৈতে কলে- যাৰ নাম শুনিলে শত্ৰুৰ হাতৰপৰা তৰোৱাল খহি পৰে- অতি পৰাক্ৰমী বীৰৰ হৃদয়তো ভয় সঞ্চাৰ হয়, সেইজন বীৰৰ নাম আপুনি নাজানে?

নাজানো। বাৰু, কোৱাচোন তাৰ নাম কি?

মহাবীৰ ৰুস্তম।

ৰস্তম! তুমি ৰুস্তমক জানা?

নাজানো; কিন্তু তেওঁৰ বীৰত্ব কাহিনী মই শৈশৱৰেপৰা শুনি আহিছোঁ।

ৰুস্তমৰ লগত তোমাৰ সম্বন্ধ কি, যুৱক?

চোহৰাবে গৰ্বেৰে সৈতে ক'লে- তেওঁ মোৰ আব্বাজান।

ৰুস্তম সজাগ হৈ উঠিল। তেওঁৰ মনত সংশয় মিহলি কেইটামান প্রশ্ন জাগি উঠিল। যুৱক তেওঁৰ পুত্ৰ? কিন্তু ই কেনেকৈ সম্ভৱ? তেওঁৰতো বৰ্তমান কোনো পুত্ৰ সন্তান জীৱিত নাই! খুৰমক তেওঁ নিজ হাতে হত্যা কৰিছে। কদমে বীৰৰ দৰে যুদ্ধক্ষেত্ৰত প্ৰাণ বিসর্জন দিছে। বর্তমান চামান গাঁত তেওঁৰ এজনী মাথোন কন্যা সন্তানহে আছে। এই যুৱককতো তেওঁ চিনিকে নাপায়- নামো শুনা নাই কোনোদিন? তেনেহ'লে এই যুৱকে কেনেকৈ তেওঁৰ সন্তান বুলি দাবী কৰিছে? ইয়াৰ ৰহস্য কি?

ৰস্তমে উদ্‌ভ্ৰান্ত দৃষ্টিৰে চোবৰাবৰ ফালে চাই ক'লে- তুমি ভুল কৰিছা, যুৱক। বৰ্তমান ৰস্তমৰ কোনো পুত্র সন্তান জীৱিত নাই। তুমি কিজানি বেলেগ কোনো ৰুস্তমৰ কথাহে কৈছা।

নাই নাই, -চোহৰাবে প্রতিবাদ কৰি ক'লে- বেলেগ ৰুস্তম নহয়। তেওঁ ইৰাণৰ সৰ্বশ্ৰেষ্ঠ বীৰ মহাবীৰ ৰুস্তম।

ৰস্তমে অবাক ও বিস্মিত কণ্ঠত সুধিলে- তোমাৰ ঘৰ ক', যুৱক?

চামান গাঁত।

কস্তমে বিদ্যুৎ পিষ্ট মানুহৰ দৰে চক্ খাই সুধিলে- চামান গাঁ? তুমি তাহমিনাক জানা?

তাহমিনা মোৰ আম্মাজান

ৰস্তম অস্থিৰ হৈ উঠিল। তেওঁ চোহৰাবৰ কাষত আঁঠুকাঢ়ি বহি ক'লে- তাহমিনা তোমাৰ মাতৃ আৰু ৰুস্তম যে তোমাৰ পিতৃ এই কথাৰ কোনো প্রমাণ আছে তোমাৰ ওচৰত?

আছে। চোহৰাবে আচকনৰ আস্তিন কোচাই মাদুলি বাহিৰ কৰি মাদুলিটোলৈ আঙুলিয়াই ক'লে- এয়া মোৰ পিতৃদত্ত মাদুলি। মাদুলিটো আমাৰ বংশৰ প্ৰতীক।

কস্তমে মাদুলিটোলৈ চালে। মাদুলিটো দেখি বাইছ বছৰ আগলৈ তেওঁৰ মনটো উৰা মাৰিলে। সঁচাকৈয়েতো এই মাদুলিটোৱেতো তেওঁ তাহমিনাৰ হাতত দি কৈছিল- পুত্ৰই হওঁক অথবা কন্যাই হওঁক, এই মাদুলিটো তুমি নৱজাতকৰ হাতত বান্ধি দিবা। এয়াতো সেই মাদুলিটোৱেই। যুৱকজনে তেওঁক কি প্রহেলিকাৰ মাজত ঠেলি দিলে? তাহমিনাৰ গৰ্ভত কন্যা সন্তানহে হৈছে! তেনেহ'লে তাহমিনাই পুত্র সন্তান পালে ক'ৰপৰা ? তেনেহ'লে কি তাহমিনাই পুনৰ.......... নাই নাই, এয়া কেনেকৈ সম্ভৱ?

উত্তেজনাত ৰুস্তমৰ স্নায়ুবোৰ স্ফীত হৈ উঠিলমুগ্ধ বিস্ময়ত তেওঁ চোহৰাবৰ ফালে চাই সুধিলে- কিন্তু তাহমিনাৰ গৰ্ভত কন্যা সন্তান হোৱা বুলিহে শুনিছিলো, সেয়া জানো মিছা?

সেই খবৰ মিছা আছিল। পুত্ৰ সন্তানৰ কথা শুনিলে আবাজানে ইৰাণলৈ লৈ আহিব বুলি ককাজানে মিছাকৈয়ে কন্যা সন্তান হোৱা বুলি দূতৰ আগত কৈ পঠাইছিল।

ৰুস্তমৰ মনৰ সকলো সংশয় শীতৰ কুঁৱলিৰ দৰে উৰি গ'ল। তেওঁ উদ্‌ভ্ৰান্তৰ দৰে চোহৰাবক সাৱটি ধৰি ক'লে- চোহৰাব, ময়ে তোৰ সেই জল্লাদ পিতৃ। আঃ! বোপা চোহৰাব.......... এয়া ম‍ই কি কৰিলো! পুত্ৰ হত্যা কৰাৰ আগতে মোৰ মৃত্যু নহ'ল কিয়? মোৰ মূৰত আকাশ ভাঙি নপৰিল কিয়? ৰুস্তমে নিজৰ বুকুত চপৰিয়াবলৈ ধৰিলে।

চোহৰাবৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। ৰুস্তমৰ ফালে তেওঁ তন্ময় দৃষ্টিৰে চাই ক'লে- আপুনিয়ে মহাবীৰ ৰস্তম! আঃ, মোৰ কি আনন্দ! পিতাৰ হাতত প্ৰাণ দিবলৈ পাই ম‍ই আজি ধন্য। আব্বাজান, মোক পদধূলি দিয়ক, আব্বাজান।

চোহৰাবে ৰুস্তমৰ পদ স্পৰ্শ কৰি পদধূলি মূৰত বুলালে।

ৰুস্তমৰ হৃদপিণ্ড যেন কোনোবাই আঁজুৰি নিবলৈ ধৰিলে। তেওঁ চোহৰাবক সাৱটি ধৰি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে- চোহৰাব, মোৰ পুত্ৰ। তোৰ দৰে এটি পুত্ৰৰ সপোন মোৰ চিৰদিন আছিল। খোদাই মোৰ প্ৰাৰ্থনা শুনিছিল; কিন্তু মই চিনিব নোৱাৰি সেই সপোনক হত্যা কৰিলো। এয়া যে এজন পিতৃৰ কাৰণে কিমান দুর্ভাগ্য সেয়া তই নুবুজি, পুত্র- তই সেয়া নুবুজিবি।

ৰুস্তম তিৰোতা মানুহৰ দৰে হুক্‌হুকাই কান্দি উঠিল।

চোহৰাৰে ৰুস্তমক সান্ত্বনা দিয়াৰ কাৰণে ক'লে- দুঃখ নকৰিব আব্বাজান। এয়া নিয়তিৰ নিষ্ঠুৰ খেল। মানুহে নিয়তিৰ খেলক উলংঘা কৰাৰ ক্ষমতা নাই, আব্বাজান। যি বিধিলিপি আছিল সেয়া হৈ গ'ল। ইয়াৰ বাবে দুখ কৰি লাভ নাই, আব্বাজান ।

সন্তান হেৰুৱাৰ বেদনা যে কিমান দুর্ভাগ্যজনক সেয়া একমাত্র ভূক্তভোগীয়েহে জানে, পুত্ৰ। তদুপৰি নিজ হাতে যদি সন্তানক হত্যা কৰিব লগা হয়, তাতকৈ হয়তো বেদনাদায়ক ঘটনা এই পৃথিবীত বেলেগ একো নাই। সেই দুর্ভাগ্যৰে ম‍ই চিকাৰ হ'লো, পুত্ৰ। ম‍ই এই হাতেৰে দুজনকৈ পুত্ৰ হত্যা কৰিলো। মোতকৈ দুৰ্ভগীয়া পিতৃ এই পৃথিবীত হয়তো দ্বিতীয় এজন নাই! এই ঘটনা সংঘটিত কৰাৰ আগতে মোৰ মৃত্যু নহ'ল কিয় ? কিয় ?? কিয় ???

ৰুস্তমে বলিয়াৰ দৰে বুকুত চপৰিয়াবলৈ ধৰিলে।

চোহৰাবে ৰুস্তমৰ হাতত ধৰি ক'লে- আপুনি শান্ত হওঁক, আববাজান। আপুনি নিমিত্তহে মাত্র। এয়া সৌ বিধাতাৰ খেল। চোহৰাবে ওপৰ ফালে চাই সেহাই সেহাই ক'লে- তুমি আব্বাজানক ধৈর্য ধৰিবলৈ শক্তি দিয়া, খোদা। এইদৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ৰুস্তমক উদ্দেশ্য কৰি ক'লে- আব্বাজান, আপুনি দুঃখ নকৰিব। চিৰদিনতো কোনেও জীয়াই নাথাকে, এদিন আটায়ে মৰিব লাগিব। দুদিন আগ- পাছ মাথোন। ইয়াকে লৈ দুঃখ কৰি লাভ নাই। আপুনি মোক হাঁহি মুখে বিদায় দিয়ক, আব্বাজান।

চোহৰাবৰ কণ্ঠস্বৰ লাহে লাহে ক্ষীণৰপৰা ক্ষীণতৰ হৈ আহিবলৈ ধৰিলে। শেষৰ কথাফাকি তেওঁ অস্পষ্ট ভাবে উচ্চাৰণ কৰিলে। লাহে লাহে তেওঁৰ দেহ শিথিল হৈ আহিল- চকুৰ দৃষ্টি নিষ্প্রভ হৈ পৰিল। পিয়াহত তেওঁৰ অণ্ঠ-কণ্ঠ শুকাই আহিল। কোনোবাই যেন তেওঁক আলফুলে দাঙি স্বাচ্ছন্দ্য গতিত আকাশৰ ফালে তুলি নিবলৈ ধৰিলে। বুজাব নোৱাৰা এক আনন্দদায়ক অনুভূতিত তেওঁৰ দেহ-মন আচ্ছন্ন হৈ পৰিল। মাকৰ নিৰাপদ কোলাত যেন তেওঁ শুই আছে আৰু মাকে যেন তেওঁৰ গায়ে-মূৰে হাত বুলাই মৰম কৰি আছে এনেকুৱা উপলব্ধি হ'ল তেওঁৰ। প্ৰগাঢ় প্রশান্তিত তেওঁৰ চকুৰ পতা মুদ খাই আহিল। সেই অনাবিল অনুভূতিৰ মাজতে তেওঁ ৰস্তমৰ বাহুবন্ধনৰ মাজত নিজৰ শৰীৰটো সম্পূর্ণ ভাবে এৰি দিলে। লগে লগে বিপুল সম্ভাৱনাময় এক মহান জীৱনৰ যৱনিকা পৰিল। শূন্য হৈ পৰিল তাহমিনাৰ বুকু- ধূলিস্যাৎ হৈ গ'ল চাহৰিয়াৰৰ কল্পনাৰ সৌধ।

চোহৰাবৰ দেহৰ স্পন্দন বন্ধ হোৱা দেখি ৰুস্তম তীব্ৰ বেদনাত আৰ্তনাদ কৰি উঠিল- চোহৰাব বোপা, কথা ক', কথা ক' বোপা। মোক আকৌ এবাৰ আব্বাজান বুলি মাত বোপা- আব্বাজান বুলি মাত বোপা - আব্বাজান বুলি মাত। ই মইকি কৰিলো খোদা! নিজ হাতেৰে মই নিজৰ কলিজা উভালি পেলালো। আঃ খোদা..........

ৰুস্তম উন্মাদৰ দৰে হৈ পৰিল। শিলৰ বুকু ভেদ কৰি যেন পুত্ৰ স্নেহৰ বিগলিত ধাৰা ব'বলৈ ধৰিলে। তেওঁৰ চকুৰ পানীয়ে মৰুভূমিৰ বুকু সিক্ত কৰি তুলিলে। নিৰুদ্ধ আক্রোশত তেওঁ বলিয়াৰ দৰে মূৰৰ চুলি আঁজুৰিবলৈ ধৰিলে।

ৰুস্তমৰ অৱস্থা দেখি দুয়ো পক্ষৰ সেনা মৰ্মাহত হৈ পৰিল। আতংকিত দৃষ্টিৰে সিহঁতে বিমূঢ়ৰ দৰে সেই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ধৰিলে। ৰুস্তমৰ দুখত যেন আটায়ে ব্যথাতুৰ হৈ পৰিল। যুদ্ধৰ পৰিণতি দেখি আবচাৰিয়াবৰ হৃদয়ো ব্যথাত ভৰি পৰিল ।

এনেতে উদ্‌ভ্ৰান্তৰ দৰে লৰি আহি তাহমিনা সেইখিনি পালেহি।

তাহমিনাই খুৰমৰ শেষ ইচ্ছা অনুসৰি তেওঁৰ শৱদেহ লৈ ইৰাণলৈ আহি আছিল। খুৰমহঁতৰ ঘৰ পোৱাৰ আগতেই তাই লোকমুখে কস্তম আৰু চোহৰাবৰ তয়া-ময়া যুঁজ চলি থকাৰ খবৰ পাই যুদ্ধৰ শেষ পৰিণতিৰ কথা ভাবি তাই ঝুমুৰৰ দায়িত্বত খুৰমৰ শৱদেহ পঠাই দি নিজে পিতা-পুত্ৰৰ আত্মঘাতী যুঁজ বন্ধ কৰিবলৈ লৰি আহিছে।

তাহমিনাক দেখি ৰুস্তমৰ পুত্ৰস্নেহ প্রতিহিংসালৈ পৰ্যবসিত হ'ল। তাহমিনা কিছু আঁতৰত থাকোতেই তেওঁ তাহমিনাক চিনিব পাৰি তিৰস্কাৰৰ সুৰত ক'বলৈ ধৰিলে- কিয়, কিয় তুমি মোৰ লগত প্ৰতাৰণা কৰিলা, তাহমিনা? মোৰ লগত প্ৰতাৰণা কৰাৰ পৰিবৰ্ত্তে মোৰ বুকুত তুমি ছুৰিকাঘাত নকৰিলা কিয়?

চোহৰাবক ধূলিয়ৰি প্ৰান্তৰত শুই থকা দেখি যুদ্ধৰ পৰিণতি সম্পৰ্কে উপলব্ধি কৰিবলৈ তাহমিনাৰ অসুবিধা নহ'ল। তাই ৰুস্তমৰ তিৰস্কাৰলৈ কাণসাৰ নকৰি উদ্‌ভ্ৰান্তৰ দৰে লৰি আহি চোহৰাব বুলি চিঞৰি চোহৰাবৰ প্ৰাণহীন দেহৰ ওপৰত লুটি খাই পৰিল- চোহৰাব, বোপা। কথা কবোপা। মাথোন এটিবাৰৰ বাবে মোক আম্মাজান বুলি মাত, বোপা। তাহমিনাই প্রচণ্ড বেদনাত হিয়াঢাকুৰি কান্দিবলৈ ধৰিলে।

তাহমিনাৰ অৱস্থা দেখি ৰুস্তমৰ হৃদয় মৰ্মান্তিক শোকত ভাঙি পৰিল। বাষ্পাৰূদ্ধ কণ্ঠত ক'লে তেওঁ- চোহৰাবে আৰু আম্মাজান বুলি নামাতে, তাহমিনা। ম‍ই নিজ হাতে চোহৰাবৰ কণ্ঠ চিৰদিনৰ কাৰণে স্তব্ধ কৰি দিছোঁ, তাহমিনা- স্তব্ধ কৰি দিছোঁ।

ৰুস্তম পুনৰ কান্দোনত ভাঙি পৰিল।

তাহমিনাই কন্দা বন্ধ কৰি স্থিৰ দৃষ্টিত ৰুস্তমৰ ফালে চালে। মুহূৰ্তৰ ভিতৰতে তাই ক্রুদ্ধ আক্রোশত পোৱালি হেৰুৱা বাঘিনীৰ দৰে গৰ্জি উঠিল- কি কলে? কি ক'লে আপুনি? আপুনি নিজ হাতে চোহৰাবৰ কণ্ঠ স্তব্ধ কৰি দিছে? আপুনি জল্লাদ- আপুনি নিষ্ঠুৰ- আপুনি জীৱন্ত অভিশাপ। তাহমিনাই চোহৰাবৰ মুখলৈ চাই তিৰস্কাৰৰ সুৰত ক'বলৈ ধৰিলে- এই কোমল অংগত আপুনি কেনেকৈ আঘাত কৰিব পাৰিলে? এই ফুলৰ দৰে নিষ্পাপ শৰীৰত আঘাত কৰাৰ সময়ত আপোনাৰ হাত নকঁপিলনে? আপোনাৰ হৃদয়ত কি দয়া-মায়া বোলা কোনো পদার্থ নাই? বিধাতাই কি ধাতুৰে গঢ়িছিল আপোনাৰ হৃদয়? আপুনি মানুহ, নে জীৱন্ত অভিশাপ?

এৰা, মই অভিশাপ---- মই পাপ----মই সৃষ্টিৰ কলংক। ৰাজাজ্ঞা পালন কৰিবলৈ গৈ ম‍ই হাজাৰ হাজাৰ মাতৃৰ বুকু খালী কৰিছো, হাজাৰ হাজাৰ পিতৃৰ সপোন হত্যা কৰিছো। হাজাৰ হাজাৰ সুখৰ সংসাৰ ভাঙি দিছো। সিহঁতৰ অভিশাপতে মই জীৱন্ত অভিশাপ হৈ নিজ পুত্ৰৰ বুকুত অস্ত্রাঘাত কৰিছো। হে ধৰিত্ৰী বিদীর্ণ হোৱা--- হে আকাশ তুমি মোৰ ওপৰত ভাঙি পৰা----- হে বজ্ৰ তুমি উল্কাপাত কৰা। অভিশপ্ত জীৱনৰ প্ৰতি মোৰ অকণো মোহ নাই... মায়া নাই....তুমি মোক মৃত্যু দিয়া খোদা- তুমি মোক মৃত্যু দিয়া।

জল-স্থল-অন্তৰীক্ষত ৰস্তমৰ হিয়াভঙা কৰুণ আর্তনাদ ধ্বনিত-প্রতিধ্বনিত হ'বলৈ ধৰিলে। গছ-বিৰিখ, তৰু-লতা থৰ লাগি গ'ল। শিলৰ বুকু ভেদ কৰি নিজৰা বোৱাৰ দৰে ৰস্তমৰ দুচকুৰ পৰা বিগলিত অশ্রুধাৰা নিগৰিবলৈ ধৰিলে ।

তাহমিনাই তিৰস্কাৰ কৰি ক'লে- আপুনি আজি মৰিব খুজিছে কিয়? আপুনি মৰিলে দেশ ৰক্ষা কৰিব কোনে? কোনে ৰাজাদেশত অন্ধ হৈ পুত্ৰৰ বুকুত অস্ত্রাঘাত কৰিব?

ৰস্তমে অভিযোগ কৰি ক'লে- ইয়াৰ বাবে তুমিওতো কম দায়ী নহয়, তাহমিনা। তোমাৰ এটি ভুলৰ বাবে আজি এক বিৰাট প্ৰতিভা অকালতে মৰহি গ'ল। তুমি কিয় চোহৰাবৰ পৰিচয় গোপন কৰিছিলা? ভুল কৰিলা তুমি আৰু সেই ভুলৰ প্ৰায়শ্চিত্ত কৰিব লগা হ'লো মই !

তাহমিনাই বেদনাসিক্ত কণ্ঠত ক'লে- পৰিচয় গোপন কৰিছিলো চোহৰাবৰ অমংগল আশংকাত। কিন্তু সেই আশংকাই মোক নিষ্কৃতি নিদিলে। আপোনাৰ লগত কৰা প্ৰৱঞ্চনাই মোৰ লগত প্ৰৱঞ্চনা কৰিলে। তাহমিনা পুনৰ অভিযোগ মুখৰ হৈ উঠিল- কিন্তু আপুনি কিয় চোহৰাবক চিনিব নোৱাৰিলে? মোৰ সন্তানক বাঘৰ ছালেৰে মেৰিয়াই দিলেও মই চিনিব পাৰিলোহেঁতেন। আচলতে আপুনি ৰাজাদেশত অন্ধ। ৰাজাদেশত কৰা দুষ্কাৰ্যই আপোনাক অন্ধ কৰি পেলাইছে। সেয়ে আপুনি নিজৰ সন্তানক চিনিব নোৱাৰি হত্যা কৰিলে।

ৰুস্তম আৰু তাহমিনাই এইদৰে শোক প্ৰকাশ কৰি থাকোতেই গেও সমন্বিতে কিছুসংখ্যক সৈন্য আহি তেওঁলোকক সমবেদনা জনোৱাৰ কাৰণে ভিৰ কৰি থিয় হ'ল।

গেওৱে বেদনাতুৰ কণ্ঠত ক'লে- যি হ'বৰ হৈ গ', বীৰ। এতিয়া এইদৰে শোক প্রকাশ কৰি থাকিলে চোহৰাবৰ আত্মাই শান্তি নাপাব। এতিয়া শৱদেহ ঘৰলৈ লৈ গৈ অন্তিম সৎকাৰৰ ব্যৱস্থা কৰাৰহে কথা।

এৰা, তুমি ঠিকেই কৈছা। বালিৰ মাজত শুই বোপাই বৰ কষ্ট পাইছে। এইদৰে কৈ কস্তমে চোহৰাবৰ শৱদেহ কান্ধত তুলি ল'লে। চোহৰাবক কান্ধত তুলি তেওঁ তাহমিনাক উদ্দেশ্য কৰি ক'লে- বলা, তাহমিনা, বোপাৰ শেষশয্যাৰ ব্যৱস্থা কৰোগৈ।

চোহৰাবক কান্ধত তুলি লৈ ৰুস্তম গৃহাভিমুখে আগবাঢ়িল। তাহমিনাই চোহৰাব' বুলি চিঞৰি অচেতন হৈ ঢলি পৰিল। কেইজনমান সৈনিকে পাল্কী আনি তাহমিনাক পাল্কীত তুলি ল'লে।

তেওঁলোকৰ পিছে পিছে শোক মিছিল কৰি ধীৰ-মন্থৰ গতিত সৈন্যবোৰ আগবাঢ়িবলৈ ধৰিলে। কিছুদূৰ অহাৰ পাচত চোহৰাবৰ শৱদেহ আন এখন পাল্কীত তুলি দিয়া হ'ল। সৈনিকসকলৰ লগতে ৰুস্তম নিজেও সেই পাল্কী বৈ নিবলৈ ধৰিলে।

তুৰস্কৰ বাদচাহ আবচাৰিয়াবো সেই শোকাৱহ ঘটনাত ম্ৰিয়মান হৈ পৰিল। ইৰাণ জয়ৰ আশা জলাঞ্জলি দি তেওঁ সৈন্যসহ নিজৰ ৰাজধানী অভিমুখে ৰাওণা হৈ গ'ল।

কোলাহল মুখৰ যুদ্ধক্ষেত্ৰলৈ নামি আহিল মৰিশালিৰ নিস্তব্ধতা। ভয়াল নৈঃশব্দৰ মাজত হেৰাই গ'ল মৰুময় প্ৰান্তৰ। শোকস্তব্ধ বালিময় প্ৰান্তৰৰ বুকুতো ববলৈ ধৰিলে শোকৰ বিগলিত অশ্রুধাৰ..........সকলোৰে অলক্ষে ...... . নীৰৱে ...

শোক মিছিল আহি ৰস্তমৰ ঘৰ পোৱাৰ লগে লগে তেওঁলোকে আন এক বেদনা-বিদূৰ দৃশ্যৰ সন্মুখীন হ'ল।

চোতালত বগা কাপোৰেৰে আবৃত খুৰমৰ মৃতদেহ পৰি আছিল।

শৱদেহৰ কাষত দুই ভৰি প্ৰসাৰিত কৰি মাটিত লেপেটা কাঢ়ি বহি আছিল চাহজাদী ঝুমুৰ। তাইৰপৰা অনতিদূৰত শোকস্তব্ধ জাল আকাশৰ ফালে শূন্য দৃষ্টি মেলি নিৰ্বিকাৰ বাবে বহি আছিল। জালৰ ভৰিৰ ওচৰতে অচেতন হৈ মৃতৰ দৰে পৰি আছিল ফাতিমা। তাই সময়ে সময়ে খুৰমবুলি চিঞৰি পুনৰ অচেতন হৈ পৰিছিল।

চাহজাদী ঝুমুৰৰ অৱস্থাও মর্মান্তিক। শোকত উদ্ভ্রান্ত। তাইৰ চুলিবোৰ আউলি-বাউলি। শ্রীহীন ৰুক্ষ বিধ্বস্ত মুখমণ্ডল। কোঠৰাগত চকু। চকুৰ তৰা নিশ্চল। চকুৰ নিষ্প্রভ দৃষ্টি শৱদেহৰ ফালে প্ৰসাৰিত। মাটিৰ প্ৰতিমা এটাহে যেন বহি আছে শৱদেহৰ কাষত।

চোহৰাবৰ শৱদেহ খুৰমৰ শৱদেহৰ কাষত শুৱাই দি ৰুস্তম হুক্‌হুকাই কান্দি উঠিল- বোপা খুম, তোৰ অক্ষম পিতৃক তই ক্ষমা কৰ বোপা।

পুনৰ সমৱেত ক্রন্দনধ্বনি উঠিল। ইৰাণৰ আকাশ-বতাহ সেই মর্মন্তুদ কৰুণ বিননিত মুখৰ হৈ উঠিল। শোকত প্ৰিয়মান হৈ পৰিল গছ-বিৰিখ, তৰু-লতা। বতাহৰ গতি স্তব্ধ হৈ গ'ল। সূৰ্যৰ প্ৰখৰ তেজ লাহে লাহে স্তিমিত হৈ পশ্চিমাকাশত ঢলি পৰিল।

এনেতে কায়কাউচ আহি সেইখিনি পালেহি ।

কায়কাউচৰ চেহেৰাও ৰুক্ষ-বিধ্বস্ত। তেওঁ ৰুস্তমৰ অৱস্থা দেখি শোকত জৰ্জৰিত হৈ পৰিল। ৰুস্তমক সান্ত্বনা দিয়াৰ কাৰণে কলে তেওঁ- তোমাৰ দুখত আমিও দুঃখিত, ৰুস্তম। যোৱাজনতো পুনৰ ঘূৰি নাহে। গতিকে দুখ কৰি কি কৰিবা? আজিৰপৰা তোমাক ম‍ই মুক্তি দিলো। তুমি পুনৰ যুদ্ধক্ষেত্ৰলৈ যাব নালাগে।

কায়কাউচৰ কথা শুনি ৰস্তমৰ ক্ষোভ-অভিমান জুই হৈ দুচকুত জ্বলি উঠিল। তেওঁ জলন্ত দৃষ্টিৰে কায়কাউচৰ ফালে চালে। কিন্তু কায়কাউচৰ শ্ৰীহীন বিধ্বস্ত চেহেৰা দেখি তেওঁৰ ক্ষোভ অভিমান গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপে উত্তপ্ত বালিৰ পানী শুহি নিয়াৰ দৰে অন্তৰ্দ্ধান হৈ গ'ল। ক্ষোভৰ সলনি সমবেদনাহে উপজিল তেওঁৰ মনত। কায়কাউচৰ ইকি মূৰ্ত্তি দেখিছে তেওঁ! চকুত অশ্রু, শ্রীহীন বিধ্বস্ত চেহেৰা। কায়কাউচৰ জীৱন্ত প্রেতাত্মাহে যেন থিয় হৈ আছে তেওঁৰ সম্মুখত।

ৰুস্তমে দীর্ঘ নিশ্বাস এৰি ক'লে- বহু পলম হৈ গ', জাহাপনা। কিছুদিন আগত আপোনাৰ এই সুমতি হোৱা হ'লে তিনিটা বিৰাট সম্ভাৱনা অকালতে মৰহি নগ'লহেঁতেন।

ইয়াৰ বাবে ময়োতো কম শাস্তি পোৱা নাই, ৰুস্তম। মোৰ আভিজাত্যৰ অহংকাৰৰ বাবে ম‍ই চাহজাদীক হেৰাইছোমনৰ শান্তি নোহোৱা হৈছে। চকুৰ টোপনি অন্তৰ্দ্ধান হৈছে। বৰ্তমান ম‍ই এক বিধবস্ত অভিশপ্ত জীৱনৰ বোজা কঢ়িয়াই ফুৰিছো। কায়কাউচৰ হঠাৎ ঝুমুৰৰ ফালে চকু গ'ল। ঝুমুৰৰ অৱস্থা দেখি তেওঁ বিগলিত কণ্ঠত ক'লে- এয়া তোৰ কি অৱস্থা হৈছে, আই?

ঝুমুৰে নিৰাসক্ত দৃষ্টিৰে কায়কাউচৰ ফালে চাই শান্ত সমাহিত কণ্ঠত কলে- এই অৱস্থাৰ বাবে আপুনিয়েতো দায়ী, আববাজান। আপোনাৰ আভিজাত্যৰ অহংকাৰৰ ফলতে এটি নিষ্পাপ জীৱন অকালতে মৰহি গ'ল আৰু তাৰ ফলতে আজি মোৰ এই অৱস্থা। ম‍ই বৰ্তমান এটি জীৱন্ত শৱদেহ, আব্বাজান। খুৰমৰ লগতে চাহজাদী ঝুমুৰৰো মৃত্যু হৈছে।

ইয়াৰ বাবে ময়ো অনুতপ্ত, আই। মোক ক্ষমা কৰি দে, আই। কায়কাউচে কাতৰ অনুৰোধ জনালে।

ইয়াৰ মাজতে কবৰ খন্দা হৈ গ'ল। খুৰম আৰু চোহৰাবক গোচল কৰোৱাই কফন পিন্ধাই জানাজাৰ নামাজো সম্পন্ন কৰা হ'ল৷ তেওঁলোকক কবৰলৈ নিয়াৰ সময়ত পুনৰ ক্ৰন্দনৰ ৰোল উঠিল।

ৰুস্তম নিজ হাতে খুৰম আৰু চোহৰাবক কবৰত শুৱাই দিলে। যথাৰীতি তেওঁলোকক মাটি চেপাও দিয়া হ'ল। ৰুস্তমৰ অনুমান হ'ল যেন তেওঁ নিজৰ কলিজাহে মাটি চেপা দিলে।

খুৰম আৰু চোহৰাবক কবৰ দিয়াৰ পাছৰপৰা ৰুস্তম মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হ'ল। তেওঁ কবৰৰ কাষত বহি উদাসভাবে কবৰবোৰৰ ফালে চাই ৰ'ল। ওচৰা-উচৰিকৈ তিনিটা কবৰ। অন্তৰ্দৃষ্টিৰে তেওঁ কবৰৰ তলিত শুই থকা বুকুৰ কলিজাহঁতক চাবলৈ যত্ন কৰিবলৈ ধৰিলে। চকুলো নিগৰি নিগৰি তেওঁৰ বুকু সিক্ত হৈ পৰিল। সীমাহীন শোকত তেওঁৰ মুখৰ মাত হেৰাই গ'ল। বহুতে তেওঁক কবৰৰ ওচৰৰপৰা আঁতৰাই আনিবলৈ চেষ্টা কৰিলে; কিন্তু সিহঁত বিফল হ'সন্ধিয়ালৈকে তেওঁ কবৰৰ কাষতে বহি থাকিল।

কায়কাউচে ঝুমুৰক ৰাজপ্রাসাদলৈ নিয়াৰ কাৰণে চেষ্টা কৰিলে; কিন্তু তেওঁ বিফল হ'ল।

ঝুমুৰ ৰাজপ্ৰাসাদলৈ নগ'ল।সন্ধিয়া তাই তিনিওটা কবৰত চাকি জ্বলাই পৰম কৰুণাময় আল্লাহৰ ওচৰত আকুলভাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে- হে কৰুণাময় খোদা, শোক যদি দিছা প্রভু, সহিবলৈও শক্তি দিয়া।

হয়তো আজিও কোনো পুত্ৰহাৰা মাতৃ-পিতৃ, স্বজন হেৰুৱা আত্মীয়ই সেই কবৰৰ কাষেদি যাওঁতে শুনিবলৈ পায় সেই কৰুণ প্ৰাৰ্থনা- শোক যদি দিছা প্রভু সহিবলৈও শক্তি দিয়া।

                      -অন্ত-

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)