এমুঠি গীত) AMUTHT GEET
এমুঠি গীত
নিবেদন
মই কোনো গীতিকাৰ, সুৰকাৰ বা গায়ক
নহয় । গীত মই ভাল পাওঁ । সেয়ে অৱসৰ সময়ত মনৰ তাগিদাত গীত কেইটা ৰচনা কৰিছিলোঁ।
এইবোৰ গীত হৈছে, নে নাই, সেয়াও মই
নাজানো । অখ্যাত গীতিকাৰৰ গীত বুলি কোনোবা সদাশয় শিল্পীয়ে গীত কেইটা সুৰ কৰি
গালে(যদি সুৰ কৰা সম্ভৱ হয়) মোৰ পৰিশ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। কোনোবা সদাশয়
ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰিব বিচাৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰিব।
মোবাইল
নম্বৰ-৭০০২১-১২০১২
এমুঠি
গীত
(১)
এই দেশ শংকৰৰ দেশ
এই দেশ আজানৰ দেশ
পৰ্বত পাহাৰে ঘেৰা,
নদ-নদী খালে ভৰা
সুজলা-সুফলা সেউজী বেশ।।
নিতে পুৱা গধুলিতে
বৰ কাঁহ ডবা বাজে
আজানৰ মিঠা সুৰে
ৰজন্জনাই তোলে
অসমীৰ আকাশ বতাহ
গড় আল্লাহ ভগবান,
নাই কোনো ব্যৱধান
নাই কোনো হিংসা নাই কোনো দ্বেষ।
বহু জাতি উপজাতি,
বহু ভাষা বহু ৰীতি
সমন্বয়ৰ সেঁতু গঢ়ি
আছেহি বসতি কৰি
তাহানি অতীত যুগৰ পৰা
নাই হিংসা ভেদাভেদ শান্তিময় পৰিৱেশ
গঢ়িছে মৈত্ৰীৰ মহা সমাৱেশ ৷৷
নদীৰ পলসে গঢ়া
অসমীৰ মাটি ডৰা
সোণোৱালী ধানে ধানে
পথাৰ উপচি পৰে
উৎসৱে পাৰ্বণে প্ৰীতিৰ মেলা
খাল বিল নদী-নলা,
ৰূপোৱালী মাছে ভৰা
যাৰ নাই গুণ আৰু মহিমাৰ শেষ ।।
(২)
ছহিদ প্ৰণামো তোমাক
ছহিদ প্ৰণামো তোমাক
দেহৰ তেজ তৰ্পণ কৰি
আনি দিলা স্বাধীনতাক ৷৷
নকৰিলা তুমি প্ৰাণৰ মায়া
পাহৰিলা দেহৰ ভোক
মাতৃ-পূজাৰ পুণ্য বেদীত
জলাঞ্জলি দিলা সুখ
শত নির্যাতন সহি অকাতৰে
উদ্ধাৰিলা দেশ মাতৃক ।।
ভাৰত মাতাৰ বীৰ সেনানী
ত্যাগৰ তুলনা নাই
ধন্য হ'ল ভাৰত মাতা
তোমাক কোলাত পাই
হাঁহি হাঁহি প্ৰাণ বলি দি
কৰিলা জীৱন পাত ৷৷
ছহিদ তুমি ত্যাগৰ প্ৰতীক
মৃত্যুভয় কৰিলা জয়
দেশৰ হকে প্রাণ তিয়াগী
হ’লা মৃত্যুঞ্জয়
স্বাধীনতাৰ পুণ্য তিথিত
আমি সুৱৰোঁ তোমাক ৷৷
(৩)
আমি সকলো ভাৰতবাসী,
ভাৰতী আমাৰ আই
ভাৰততকৈ ধুনীয়া দেশ
ধৰাৰ ক’তো নাই
আইৰ তুলনা যে নাই
আইৰ ৰূপৰো শেষ নাই ৷৷
আমি হিন্দু ভাৰত বন্ধু,
কৰোঁ যজ্ঞ-পূজা
আমি মুছলমান ভাৰত সন্তান,
পঢ়োঁ নামাজ ৰোজা
কোৰাণ ফোৰকান বেদ পুৰাণ
নাই নাই ভেদাভেদ নাই। আমি সকলো ভাৰতবাসী.....
আমি বৌদ্ধ কৰো উদ্বুদ্ধ,
অহিংস ধর্মনীতি
আমি খ্ৰীষ্ঠান যীশুৰ সন্তান,
গীর্জাই আমাৰ গতি
বাইবেল ত্রিপিটক সকলো একেই
নাই নাই ভেদাভেদ নাই।। আমি সকলো ভাৰতবাসী....
আমি বাঙালী, আমি বিহাৰী,
আমি অসমীয়া
আমি পঞ্জাৱী ৰাজস্থানী
আমিয়ে উড়িয়া
একেই দেহাত একেই তেজ
নাই নাই ভেদাভেদ নাই।। আমি সকলো ভাৰতবাসী...
চাওঁতাল ভীল মুণ্ডা কোল
আমি মিৰি গাৰো
নাগা কুকি গাৰোৱালী
আমি মিজো বড়ো
একেই মাটিৰ সন্তান আমি
নাই নাই ভিন্ পৰ নাই।। আমি সকলো ভাৰতবাসী....
(৪)
আহা ভাই আহা
গাঁও সজাই লওঁ
আমি গাঁৱৰ গাঁও আমাৰ
বুকু ফিন্দাই কওঁ।।
আম কঁঠাল তামোল-পাণে
গাঁও আছে ভৰি
মউ বৰষা চৰাইৰ গীতে
ৰাখে মুখৰ কৰি
গছ-বিৰিখৰ সুশীতল ছাঁত
বহি জিৰাই লওঁ।।
গাঁৱৰ মাটিত সোণ ওপজে
খেতি পথাৰ ভৰি
হৃদয় মন উপচি পৰে
ধানৰ নাচোন দেখি
ধান থাকিলেহে মান থাকিব
এই কথাষাৰ কওঁ ।।
গাঁৱৰ সতেজ শাক-পাচলি
নদীৰ জীয়া মাছ
সুস্থ সৱল নিৰোগী দেহা
নাই ৰোগৰ সঁচ
গাঁৱেই আমাৰ অৰ্থৰ ভেটি
সৱল কৰি লওঁ।।
(৫)
উৰে উৰে উৰে উৰে
উৰ্দ্ধ গগণে উৰে
কৌটী প্ৰাণৰ সপোন ভৰা
ত্ৰিৰঙা পতাকা উৰে ৷৷
শত ছহিদৰ তেজেৰে গঢ়া
ত্ৰিৰঙা পতাকাখন
কত প্ৰাণৰ ত্যাগেৰে ভৰা
জাতিৰ বুকুৰ ধন
জাতিৰ আশা জাতিৰ ভাষা
জাতিৰ স্বাভিমান উৰে ৷৷
গেৰুৱা শ্যামল শুকুলা আমাৰ
আদৰ্শৰ পৰিচয়
বগাৰ মাজৰ অশোক চক্ৰই
প্ৰগতিৰ কথা কয়
ভাৰত মাতাৰ শান্তি ত্যাগ
শৌর্যৰ প্ৰতীক উৰে ৷৷
ত্ৰিৰঙা আমাৰ সংহতিৰ প্ৰতীক
স্বাধীন প্ৰাণৰ ভাষা
বিশ্বসভাত কৌটী প্ৰাণৰ
প্রকাশে জয় গাঁথা
প্ৰাণতকৈও আপোন পতাকা
প্ৰণামো শ্রদ্ধা ভৰে৷৷
(৬)
স্বাগতম স্বাগতম স্বাগতমহে
অমৃত নন্দন
অমৃত নন্দন ৷৷
কৌটী কণ্ঠৰ মৃদু কোলাহল
গুঞ্জনে ভৰিছে এই সভাস্থল
উজলিছে যেন মাণিক ৰতন
ভক্তি অৰ্ঘ কৰোঁ নিবেদন ।।
হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান
সকলোৰে একে আশা একেই গান
একেই মাটিৰ ৰস কৰিছোঁ চয়ন
একেই মাটিত হ'ব অন্তিম শয়ন।।
আমি অসমৰ আমি ভাৰতৰ
আমাৰ গুঞ্জনে বিশ্ব মুখৰ
ধৰণী গঢ়াৰ আমি লওঁ আহা পণ
বোলাও আহা ঐক্যৰ ৰহণ ৷৷
হিংসা নিন্দা কৰি পৰিহাৰ
শপত লওঁ আহা ধৰণী গঢ়াৰ
কৌটী কলীয়া মৈত্ৰী-বন্ধন
শিথিল হ'লেই আমাৰ মিলিব মৰণ।।
(৭)
(জিকিৰ-জাৰী সুৰীয়া গীত)
কি খেল খেলিছা তুমি হে আল্লাহ
কি খেল খেলিছা তুমি;
পাপে-তাপে ভৰিছে ধৰা
আহিছে ঘোৰ কলি
হে আল্লাহ, আহিছে ঘোৰ কলি ৷
আল্লাক নামানে ৰছুলক নিচিনে
নামানে কোৰাণৰ বাণী
নামাজ ৰোজা পাহৰি মানুহে
খেলিছে তেজৰে হোলী ।।
হে আল্লাহ, কি খেল খেলিছা তুমি??
সন্তানে নামানে পিতৃ-মাতৃ
নিদিয়ে ভাত-কানি
সৰু-বৰৰ নাই মানা-মানি
নামানে গুণী-জ্ঞানী ।।
হে আল্লাহ, কি খেল খেলিছা তুমি??
ধন ধন বুলি বলীয়া মানুহ
ধন-বিত জোৱাৰৰ পানী
মিছা ধন-জন মায়া অকাৰণ
যাব লাগিব সকলো এৰি৷
হে আল্লাহ, কি খেল খেলিছা তুমি??
মউতৰ পিয়ালা চাকিব লাগিব
কোনেও নাযাব সাৰি
মাটিৰ দেহা মাটিত মিলিব
প্ৰাণ পখী গ’লে উৰি৷
হে আল্লাহ, কি খেল খেলিছা তুমি??
(৮)
আজি ৰন্ধ্রে ৰন্ধ্ৰে ছন্দে ছন্দে
স্রোতধাৰা উছলে
গানে গানে জনতাৰ প্ৰাণে প্রাণে ।
ভাৰতৰ ঘৰে ঘৰে
অসমৰ ঘৰে ঘৰে
নন্দিত বন্দিত যত সুধীজন
সাম্য মৈত্ৰীৰ সেঁতু গঢ়ে
ভাৰতৰ ঘৰে ঘৰে, অসমৰ ঘৰে ঘৰে ৷৷
উত্তৰে শোভিছে গিৰিৰাজ হিমালয়
দক্ষিণে নীলিম সাগৰ
শিখৰে শিখৰে তৰংগে তৰংগে
ছন্দিত ধ্বনিত জনগণমন
সাম্য-মৈত্ৰীৰ মিলন গীতে ৷৷
আর্য অনার্য মোগল পাঠান
কৌটি সুৰুযৰ ভাৰত মহান
শৌর্যে-বীর্যে ধৈর্য ঐশ্বর্যে
উজ্জ্বল উচ্ছল চঞ্চল জনমন
বিশ্ব ধৰিত্ৰীৰ সভাত নাচে ৷৷
গংগা যমুনা সিন্ধু লুইত
বন্দিছে নিতে চৰণ আইৰ
ৰূপ-ৰস-গন্ধে মুকুলিত কুসমিত
উদ্বেল উত্তাল চঞ্চল ৰূপকাৰ
ভাৰতক শ্যামল কৰে ৷৷
(৯)
হোলী হোলী হোলী
আহিছে ৰঙৰ হোলী
শীতৰ শেষতে ফাগুন আহিছে
বাটে-পথে উৰিছে ধূলি
আহিছে ৰঙৰ হোলী ।।
দিশে দিশে ৰঙৰ মেলা
প্ৰাণে প্রাণে প্ৰীতিৰ খেলা
জাৰ হ'ল অন্ত আহিল বসন্ত
ডালে ডালে মাতিছে কুলি ।।
শিমলু ফুলিছে পলাশ ফুলিছে
ন-কুঁহি মেলিছে ডালে ডালে
জাক জাক ডাৱৰে
ঢাপলি মেলিছে
মৌচুমী পছোৱা ৰথতে উঠি।।
হাতে হাতে পিচকাৰী
ডেকা-ডেকেৰীৰ হুৰা-হুৰি
ইদলে সিদলক টোঁৱাই ৰং মাৰিছে
বাট-পথ তুলিছে ৰঙা কৰি ৷৷
(১০)
অ' ৰং ছটিয়ায়
অ' ৰং ছটিয়ায়
যমুনাৰ বালি ৰঙে
চিকে-মিকায়
অ' ৰং ছটিয়ায় ।।
গোকুলৰ শ্যামকানু
হাতত মোহন বেনু
বংশীধাৰী কানু
মুৰলী বজায় ৷৷
জোনালী যামিনী
উতলা গোপীনি
যমুনাৰ তীৰে কানুক
বিচাৰি যায় ৷৷
মোহন বেনু এৰি
হাতত ল'লে পিচকাৰী
গোপীগণ সংগে কানু
হোলী খেলায় ৷৷
ৰং উৰে আকাশত
ৰং উৰে বতাহত
ৰাঙলি ৰঙে
ধৰণী ঢৌৱায় ।।
(১১)
গাঁৱৰ ল'ৰা গাঁৱখনি তই
গঢ় দে সৰগ কৰি
কেঁচা মাটিৰ সুবাস সানি
সেউজ-শ্যামল কৰি ৷৷
বাহুত তোৰ হাতীৰ বল
হেৰৌ' বিজয়ী বীৰ
প্ৰগতি বাটৰ বাটৰুৱা তই
চিৰ উন্নত শিৰ
দেহৰ ঘাম তৰ্পণ কৰি
গাঁও লোৱা গঢ়ি ।।
দেশ গঢ়াৰ সেনানী তই
লক্ষ্য কৰ স্থিৰ
কর্মযজ্ঞৰ সূচনা কৰ
হেৰৌ' কৰ্মবীৰ
তোৰ দেহাৰ ঘাম সৰাই
গাঁও তোল সৰগ কৰি ৷৷
(১২)
লওঁ আহা দেশ গঢ়াৰ পণ
দেশৰ মাটিয়ে মাতিছে
কাণ পাতি শুনা তাৰে আৱাহন।।
সুজলা-সুফলা দেশৰ মাটি
সোণ-ৰূপতকৈও খাটি
আমাৰ হাতৰ পৰশেৰে
আমাৰ ঘামৰ শইচেৰে
আহা আহা কৰোঁ দেশ বিতোপন।।
বীজ হওঁক আমাৰ ঐক্য একতাৰ
মন্ত্ৰ হউক আমাৰ সাম্য সমতাৰ
হাতে হাতে আঁকোৱালী
দেশ কৰোঁ সোণোৱালী
(দেশৰ হকে )
পাহৰোঁ আহা মান-অভিমান ৷৷
(১৩)
এই পৃথিৱীখন
লাটুমৰ দৰে ঘুৰিছে
সেয়ে সময়ৰ হেৰফেৰ ঘটিছে
পৃথিৱীখন ঘূৰণীয়া
মুৰবোৰ গোল
সেয়ে নেকি পৃথিৱীত
ইমান গণ্ডগোল।।
আমেৰিকাত দিন হলে
ভাৰতত ৰাতি
ভাৰতত দিন হ'লে
আমেৰিকাত ৰাতি
সেয়ে নেকি ইমান লটিঘটি
কাৰোবাৰ তলাতল
কাৰোবাৰ বাঁহতল
কোনোবাই উৰুখা পঁজাত তৰা লেখিছে
কোনোবাই আকৌ নিয়ন লাইটত
বস্ত্ৰ হৰণৰ আখড়া চলিছে৷৷
কোনোবাই খাইছে ৰাজপাট ৰাজভোগ
কাৰোবাৰ আকৌ নুগুচে পেটৰ ভোক
কাৰোবাৰ সুকোমল ফুলৰ বিছনা
কোনোবা গৃহহীন ফুটপাথ ঠিকনা
কাৰোবাৰ জোতা-মোজা স্যুট-কোট
কাৰোবাৰ উদং গা খালী পেট
কোনোবাই আকৌ ভডকাত
চিগাৰেট পুৰিছে।।
(১৪)
বৈচিত্ৰৰ মাজত সাধিছোঁ আমি
ঐক্য সমন্বয়
ভাষা ধৰ্মৰ উৰ্দ্ধত আমাৰ
জাতীয় পৰিচয়।।
নানান ভাষাৰ নানান ধৰ্মৰ
সুমহান এই দেশ
ভাষা ধৰ্মত ভিন্ন হ'লেও
জাতিত আমি এক
ভাৰত মাতাৰ সন্তান আমি
আমি মৃত্যুঞ্জয় ৷৷
নাই ভেদাভেদ হিংসা ক্লেশ
একতা আমাৰ মন্ত্ৰ
বিশ্ব জয়ৰ সপোন আমাৰ
আমিয়ে দেশৰ তন্ত্ৰ
ভোগ আসক্তি ভেদাভেদে
কৰে মাথোঁ শক্তি ক্ষয়৷৷
(১৫)
আশা-নিৰাশাৰ জীৱন নৈত
মেলি দিছোঁ নাও
পাছে পাছে খেদে কাল ধুমুহাই
কিমতে পাৰ পাওঁ ৷৷
অকাঠি কাঠৰ নাওখনি মোৰ
তাতে শীর্ণ অতি
আগে পাছে খেদে বৰ বৰ ঢৌৱে
স্ৰোতৰ কোবাল গতি
টুলুং ভুটুং কৰিছে নাও
কেতিয়াযে তল যাওঁ ৷৷
বিপদ সংকুল এই যাত্রাপথ
কুল কিনাৰা নাই
কালৰ কোবাল সোঁততে নাও
আছে ভটিয়াই
মায়াৰ টানত বাৰে বাৰে মই
পাছলে' উভতি চাওঁ ৷৷
(১৬)
এই পৃথিবীৰ জন অৰণ্যত
অকলশৰীয়া মই
অকলে আহিছোঁ যাম অকলেই
সকলোটি এৰি থই ।
এই পৃথিবী ভাওনা সবাহ
ঘটিছে নানা ঘটনা প্ৰবাহ
সেই প্রবাহত উটি আছোঁ মই
নানা ভাও লই ।।
পদে পদে আছে বাধা-বিঘিনি
পোৱা নোপোৱাৰ হাঁহি বিননি
হাঁহি-কান্দোনৰ জীৱন সোঁতত
নিৰন্তৰে আছোঁহি বই ।।
পুত্ৰ পৰিজন কন্যা জায়া
জীৱন নদীৰ মায়াৰ ছাঁয়া
জীৱনৰ সোঁতে টানে আগলে’
মায়াই টানে পাছলই ।।
(১৭)
চিৰাল ফটা পথাৰখনিৰ
শ্যামলিমা নাই
নিতাল মাৰি শুই আছেহি
আকাশ
ধিয়াই।।
যধেমধে বৃক্ষ কাটি
মাৰিছো বৃষ্টিৰ মুধা
সেয়ে নেকি পথাৰ খনিৰ
বুকুখনি শুদা
কাৰ বিৰহত পানীপিয়াই
ফুৰিছে বিনাই ।।
নাঙল থাকিল চাঙত উঠি
মহাজনৰ ঋণ বাঢ়ে
দিশে দিশে হাহাকাৰ হায় !
ভোকত মানুহ মৰে
তৃষ্ণাত আতুৰ ধৰা আছে ৰই
মেঘৰ দেখা নাই।।
(১৮)
শৰত মানে শেৱালি বকুল
শৰত মানে কঁহুৱা
শৰত মানে ভেট পদুম
জোনৰ হাঁহি বোলোৱা ।।
শৰত মানে শুকুলা ডাৱৰ
কমুৱা তুলাদি উৰে
শৰত মানে নিজৰাৰ গীত
পুলকেৰে মন ভৰে
শৰত মানে নিজৰাৰ গীত
দেহ-মন ভুলোৱা ৷৷
শৰত মানে তুলসী তল
মাটিৰ প্ৰদীপ জ্বলে
শৰত মানে দুবুৰি বন
নিয়ঁৰ মুকুতা জ্বলে
শৰত মানে মিঠা অনুভৱ
দেহ মন আকলুৱা ৷।
(১৯)
গুম্ গুম্ মেঘে গাজে
হৰ হৰ্ পানী সৰে
মনত আমাৰ আশাৰ সপোন
ঢৌৱে ঢউ খেলে।।
বৃক্ষকাটি বৃষ্টি ৰোধি
ছন পেলালোঁ মাটি
ঢঙৰ পানী বোৱাই খেতিত
ৰসাল কৰিম মাটি
সেউজ শ্যামল কৰিম পথাৰ
ভঁড়াল ভৰাম ধানে ৷৷
সাৰ দিলোঁ পানী দিলোঁ
খেতিত ৰুলোঁ ধান
যাৰ ঘৰত ধান আছে
তাৰেই আছে মান
আহা আমি খেতি কৰোঁ
পেটৰ ভাত যোগাৰ কৰোঁ
হৰষিত মনে।।
(২০)
মোৰ আকাশত ৰামধেনু ৰং
সানি দিলা গানে গানে
সেই ৰঙৰ চমক লাগি
দেহা কঁপে ঘনে ঘনে ৷৷
বৰ্ষা গধুৰ নিজম নিশা
টোপাল টোপাল বৰষা সৰে
ৰিম্জিম্ জিম বৰষাৰ গানে
হৃদয় উতলা কৰে
তোমাৰ অলেখ স্মৃতি গাঁথাই
ৰং সানে (হৃদয়) বনে বনে।।
ফাগুনে যেতিয়া পলাশ বনত
ৰাঙলি ৰং সানে
তোমাৰ কথাকে ভাবি ভাবি (মোৰ)
চকুৰ টোপনি হৰে
মানস পটত তোমাৰ ছবিটি
চাই থাকোঁ মনে মনে ৷৷
(২১)
অ' মোৰ চেনাই ধন
কিয়নো বজালি পেঁপা
তোৰে পেঁপাৰ মাতে
বাৰেপতি মাতে
ৰাইজাই কৰে দেহা ।।
বাৰীৰ ঢাপতে কপৌফুল ফুলিছে
বিহুৰে বতৰা লই
তাৰে এপাহি খোপাতে গুজি
নাচিমে উতলা হই
শুনিলে পেঁপাৰ মাত
চমচমনি উঠে গাত
যৌৱনৰ জ্বলা জুয়ে
দহি নিয়ে দেহা।।
লিহিৰি বিৰিণা বতাহত কঁপিছে
জিঞাটি নাচিছে তাত
ঢোলত ছেও মাৰিছে পেঁপাটি বাজিছে
গগণাৰে মিঠা মাত
এই বেলি বহাগত
ফুল ফুলাৰ বতৰত
তয়ে ময়ে পাতিমে পিৰিতিৰে বেহা।।
(২২)
অ' গৰখীয়া নবজাবি তই
আগলি বাঁহৰ বাঁহী
তোৰে বাঁহীৰ সুৰে
চাটিফুটি কৰে
হিয়া মোৰ নিয়ে দহি ৷৷
যি সুৰে মুহিছিল
মথুৰা বৃন্দাবন
উচাটন কৰিছিল
বিৰহী ৰাধাৰ মন
নবজাবি তই সেই সুৰে বাঁহী
কদম ডালত বহি ৷৷
নিজম নিশা বজালে বাঁহীটি
চম্চমে কৰে হিয়া
হেৰুৱা দিনৰ সপোনে আহি
জামৰি ধৰে হিয়া
বিষাদৰ জুয়ে হিয়া দহি নিয়ে
তিয়াঁয় চকুৰে পাহি ।।
(২৩)
বৰষা আহিল নতুন সাজেৰে
শুকুলা মেঘত ভাহি
চহাৰ প্ৰাণত আশাৰ সপোন
উজলে মুখত হাঁহি।।
টোৰ টোৰ্ গহীন সুৰেৰে
বেঙে জুৰিলে গান
টোপাল টাপাল বৰষুণ সৰি
ভৰি গ'ল জুৰি জান
নৈৰ যৌৱন উথলি উঠিল
জিলিয়ে বজায় বাঁহী ৷৷
হালোৱা ওলাল হাল কোৰ লই
হিয়াত অযুত আশা
ডেও দি নাচিছে হৰিণী পোৱালি
চকুত অবুজ ভাষা
গছ-বিৰিখে যৌৱন পাই
মেলিলে ৰঙীন পাহি ৷৷
(২৪)
আজি শৰতৰ জোনালী নিশা
বকুল শেৱালিৰ হাঁহি
সুদূৰত বাজিছে সুৱদি সুৰেৰে
আগলি বাঁহৰ বাঁহী ॥
শেৱালি বকুলে সজালে বাসৰ
আছেহি তল ভৰি
দুবৰি বনত নিয়ঁৰ মুকুতা
জ্বলিছে চিক্ মিক্ কৰি
বিলতে ফুলিছে ৰাংঢালি পদুমী
সৌৰভ আহিছে ভাহি ।।
শৰালি চকোৱা ৰঙতে ৰাঙলি
দলনিত মেল পাতে
জীয়া জিলীয়ে সুৰীয়া গীতেৰে
প্ৰিয়াক কাষলে’ মাতে
ৰূপালী ৰূপৰ ঢল বোৱাই
সৰিছে জোনৰ হাঁহি ।।
(২৫)
কোন বাৰু তুমি নিশাৰ আলহী
কৰা কিয় মোক আমনি
পাহৰিব খোজা স্মৃতি সোঁৱৰাই
নিদিয়া মোক তৰণি৷৷
ভাগৰি জুগৰি পাটীত পৰিলে
তুমি আহি জামৰি ধৰা
হেৰুৱা দিনৰ অলেখ কাহিনী
মনত মেলি ধৰা
বিষাদ বেদনাই হৃদয় জামৰে
টোপনি কৰে হানি ৷৷
তুমি আহিলে অতীতো আহে
সুখ-দুখৰ কথা পাতে
দুখৰ গানে উচুপি উচুপি
মোক কাষলে’ মাতে
কোন অতীতৰ শতৰু শালি
কৰা মোক আমনি ??
(২৬)
শীতৰ শেষত আহা তুমি সখি
গীতৰ লহৰ লই
তোমাৰ গীতত প্ৰাণ পাই উঠে
জান জুৰি নই ।
পাতৰ আঁৰত লুকাই যেতিয়া
গোৱাহি সুৰীয়া গান
মউ বৰষা গীতৰ লহৰে
শাঁত পৰে দেহ প্রাণ
গছে গছে ফুলে বৰণীয়া ফুল
মিচিকি হাঁহিটি লই ।।
ৰূপটি তোমাৰ নহয় ধুনীয়া
কলীয়া বুলি দোষে
গীত তোমাৰ সুৰীয়া অতি
কণ্ঠত মউ বৰষে
ৰূপৰ আদৰ দুদিনীয়া সখি
গুণহে থাকে ৰই।।
(২৭)
তোমাৰ ৰূপৰ ছবি আঁকিবলে'
কেনভাচ তুলিকা নাপালোঁ
সেয়েতো তোমাৰ ৰূপৰ ছবি
হৃদয়ত আঁকি থ'লো ৷৷
তুমিতো নাজানা কিমান মৰম
ৰাখিছোঁ বুকুত সাঁচি
হিয়াৰ থাপনাত নিৰৱধি জ্বলে
তোমাৰ প্ৰেমৰ চাকি
বুকুৰ উমেৰে তোমাৰ ছবিটি
হিয়াত সামৰি থলোঁ ।।
সপোনতো তুমি স্বয়নতো তুমি
মাথোঁ তোমাৰ অনুভূতি
তুমিয়ে মোৰ জীৱনৰ ছন্দ
জীৱন বাটৰ জ্যোতি
তোমাৰ বাবেই নিতে নিতে
মই সুৰৰ মালিতা গাথোঁ ।।
(২৮)
তোমাৰ বাবেই নিতে নিতে গাওঁ
ছন্দবিহীন এই গান
নাই কোনো লয় সুৰৰ আকৰ্ষণ
নাই কোনো তাল মান ৷৷
কিন্তু আছে এবুকু মৰম
আছে প্ৰাণৰ আকৃতি
সেয়েতো এই ছন্দহীন গানেৰে
জনালোঁ মই প্রণতি
যদিও তোমাক দেখা নাই মই
অনুভৱে দিয়ে উমান ৷৷
তোমাৰ বাবেই দিৱস যামিনী
গাথোঁ সুৰৰ মালাধাৰ
যতনাই ৰাখিছোঁ অনুৰাগ ভৰা
বহু প্রীতি উপহাৰ
হে চিৰ সুন্দৰ হে চিৰ চিন্ময়
সকলোতে মাথোঁ তুমিময়
তোমাৰ বিৰহৰ একুৰা জুইয়ে
দহে মোক অণির্বাণ৷৷
(২৯)
দিশে দিশে আজি মৰণ আৰ্তনাদ
ভয়ত বুকু কঁপে
মানুহে যেন নিজৰ মৰণ
নিজে মাতি আনে ৷৷
দেশময় বেকাৰে ভৰা
বয়-বস্তুৰ মূল্য চৰা
ছল-চাতুৰী কপটতা ভৰা
স্বাৰ্থৰ মোহত অন্ধ ধৰা
ভায়েকে নুবুজে ভায়েকৰ মৰম
তেজে নুবুজে তেজৰ ধৰ্ম
সেয়ে নেকি বাৰু ধৰ্ম কৰ্ম
মৰম চেনেহ টুটে।।
বোমা ফুটায় বন্দুক টোঁৱায়
জাক জাক মৰে মানুহ
অন্ন-বস্ত্ৰৰ হাহাকাৰে আজি
ভৰা দেশৰ বায়ু
ৰজাই নুবুজে প্ৰজাৰ দুখ
মানুহ মাৰি কিযে পায় সুখ
ৰক্ষকেই আজি ভক্ষক
ৰজা নহয় যেন তক্ষক
প্ৰজাৰ ঘৰ উজাৰ কৰি
দুদিনীয়া এই পৃথিবীত
কাৰ বাবে কাৰেং সাজে। ।
(৩০)
সৰি পৰে যি ফুল বোৱাৰী পুৱাতে
ফুলে জানো সিফুল আবেলি বেলাতে।।
কালৰ অবাধ গতি নিৰন্তৰে বয়
আজিৰ বুকুত কালি সোঁৱৰণী হয়
মোৰ অতীততো সোঁৱৰণী হ'ল
এই আবেলি বেলাতে ।।
যি সময় গুচি যায় নাপায় ঘুৰাই
বই যোৱা স্রোতধাৰা নাহে দুনাই
যৌৱন সুৰভি এবাৰ হেৰালে
নাহে দুনাই কোনো কালতে ৷ ৷
সাগৰত লীন হয় নদীৰ গতি
যামিনীয়ে কাঢ়ি নিয়ে দিনৰ জ্যোতি
যৌৱন জ্যোতি ধূসৰ হয়
কূটিল কালৰ
গতিতে।।
(৩১)
দুখনি হিয়াৰ একে আশা
দুখনি হিয়াৰ একে ভাষা
যৌৱনৰ দুপৰীয়া
মন হয় উৰণীয়া
হিয়াই বিনিময় কৰে হিয়া ৷৷
পুৱালী পুৱাৰ প্ৰথম কিৰণ
উজলাই তোলে বন উপবন
প্ৰথম প্ৰেমৰ বিনিময় বেলা
সুৰে সুৰে ভৰে হিয়া ।।
প্ৰথম নিশাৰ তলসৰা ফুলে
পূজাৰ বেদীচোন শুৱনি কৰে
প্ৰথম প্ৰেমৰ প্ৰথম গাঁথাই
উদুলি মুদুলি কৰে হিয়া ।
(৩২)
মই আজি গাম সিজনৰ গান
যিজনে চহায় মাটি
মূৰৰ ঘাম ভৰিত পেলাই
গজায় সোণ-গুটি ৷৷
হাতৰ মুঠিত নাঙল ধৰি
মাটিত আঁকে ছবি
প্ৰাণে প্ৰাণে জীৱন চাকি
জ্বলায় মাটিৰ কবি
সেই শিল্পীৰে গীত গাম মই
যিয়ে জীপাল কৰে মাটি ৷৷
সেউজ শ্যামলী পথাৰ শুৱনি
যাৰ ঘামেৰে গঢ়ে
ছন্ পৰা মাটিৰ বুকুত
প্রাণ সঞ্চাৰ কৰে
উৰুখা পঁজাত তৰা লেখি
যাৰ মুখৰ নুগুচে হাঁহি
ধৰাৰ বুকুত নমাই আনে
সৰগৰ ইন্দ্ৰপুৰী।।
(৩৩)
বিদায়ৰ বেলা বেথাতুৰ হিয়া
বিষাদে আৱৰে মন অ’
বিষাদে আৱৰে মন ৷৷
হৃদয়ৰ তাঁৰে ঝংকাৰ তোলে
বাজি উঠে বিষাদৰ গান
সোঁৱৰণী গাঁথা
জাগি উঠে ব্যাথা
বেদনাৰে ভৰে দেহ-মন।।
চেনেহ মৰম হয় বিনিময়
বিনিময় হয় মনৰে বতৰা
চকুলোৰে ভাষা
কয় বহু কথা
দুচকুত বয় লোতকৰে বান ।।
(৩৪)
তোমাৰ বাবেই পদুলি মুখত
বাট চাওঁ অনুক্ষণ
তুমি অবিহনে চাটিফুটি কৰে
বিষাদে আৱৰে মন ৷৷
সকলোতে দেখোঁ তোমাৰ পৰশ
তোমাৰ পৰশে হয় ধৰণী সৰস
তোমাৰ পৰশে উজলাই তোলে
সেউজ হয় উপবন ।
আকাশত ফুলা সউ তৰাফুলবোৰ
ৰিব ৰিব্ কই বলা পছোৱা জুৰ
সকলোতে শুনো তোমাৰ গুঞ্জন
তোমাৰ অনুৰণন ।।
(৩৫)
সোণ সোণোৱালী
আশাৰে ৰ'দালি
হিয়াত জিকেমিকায়
আশাৰ ঢৌৱে আবিৰ সানে
হিয়াত সুৰ সিঁচি যায় ৷
বিষাদে ছাটিলে হিয়াৰ সৰসী
আশাই জ্বলায় চাকি
জীৱন চাকি জ্বলাই আশাই
দেহমন পুলকায়।৷
আশাই জীৱন নিৰাশাই মৰণ
জীৱন বোঁৱতী নই
জীৱন নইৰ আশাই প্ৰেৰণা
নিৰৱধি থাকে বই
জীৱন ফুলনিৰ আশাই সুৰভি
হিয়াতে মলেমলায় ৷৷
(৩৬)
হাচনাহানাৰ মিঠা সুবাস
বতাহত মলেমলায়
সেই সুবাসৰ পৰশ লাগি
দেহ আমোলমোলায় ৷৷
সমীৰে আহি জোকাৰণি তোলে
বিৰিখৰ পাতে পাতে
নিয়ঁৰ কণাই দুবুৰি তিয়াই
মুকুতাৰ মালা গাঁথে
জোনাকীবোৰে আলাসতে উৰে
সোণ যেন চিকেমিকায় ৷৷
সৰসীত ফুলে কুমুদ পদুমী
ৰঙীন পাহি মেলি
মনৰ হৰষে ৰাজহংস যুথে
কৰে তাতে জলকেলি
জোনৰ জোনালী পানীত উমলি
ৰূপ যেন জিলেমিলায় ।।
(৩৭)
নিজম নিতাল জোনাক ৰাতি
নিয়ঁৰ মুকুতা সৰিছে
মৃদু মলয়ৰ আলফুল পৰশত
শেৱালিৰে তল ভৰিছে ৷৷
জাকে জাক পাতি বালিহাঁহবোৰে
পাখি মেলি উৰি গ'ল
নিজম নিশাৰ ইথাৰত মাথোঁ
তাৰে প্ৰতিধ্বনি ৰ'ল
তোমাৰ গীতৰ গুনগুনানি
মোৰ কাণত বাজিছে।।
টপ্ টপ্ টপ্ বকুল সৰি
তোমাৰে বতৰা দিলে
পছোৱাজাকেও তোমাৰ কথাকে
মোৰ কাণ কাণে ক’লে
নিজম পৰত তোমাৰ কথা
মোৰ মনত পৰিছে।।
(৩৮)
মই এজাক মৃদু মলয়
নিৰন্তৰে থাকোঁ বই
ফুলৰ সুবাস কঢ়িয়াই ফুৰোঁ
বুকুত সামৰি লই।।
গছে গছে মই উমলি ফুৰোঁ
পাতে পাতে ছবি আঁকো
প্রাণে প্রাণে ছবি আঁকি যাওঁ
ৰং তুলিকা লই।।
হৃদয়ে হৃদয়ে সপোন ৰচোঁ
বোলাই মৰমী হাত
মোৰ পৰশেই হালিজালি নাচে
লিহিৰী বিৰিণা-পাত
দেহমনে মই পুলক জগাওঁ
সুৰৰ লহৰ লই।।
(৩৯)
পেটত তোৰ ভোকৰ জুই
অন্তৰত অভিমান
জোঁৰ পুৰি তোৰ হাত পালেহি
নাই তোৰ পৰিত্ৰাণ ।।
মমৰ দৰে গলি গলি জ্বলি
কৰিলি জীৱন পাত
পোৱাৰ বেলিকা একোকে নাপালি
জুইৰ পোৰণি গাত
পেটত তোৰ ভোকৰ জুই
জ্বলিছে অনির্বাণ।।
তোৰ ৰঙেৰে গোলাপ উজলে
ৰঙৰ ফাকু সানি
তই কিন্তু ৰূপ গন্ধ বিহীন
নিগৰে ঘাম-পানী
তোৰ হাতে-গঢ়া বিধাতাই তোলৈ
মাৰে সৌৱা মৃত্যুবাণ ।।
(৪০)
ৰাঙলি সুৰুযে আবেলি পৰতে
ৰঙা বোল সানি যায়
কাষত কলহী ৰাংঢালী ৰূপহী
নদীৰ ঘাটলে’ যায় ৷৷
কাষত কলহী ৰাজহংস গতি
হাল-জালি নাচি যায়
পছোৱা বতাহে কাজল চুলিতে
ঢৌৱে ঢৌ খেলি যায়
বুকুৰ পথাৰত ভাৱনাৰ ঢৌৱে
মিঠা সপোন আঁকি যায় ৷৷
নদীৰ ঘাটতে মনৰ উলাহে
কথাৰ মহৰা মাৰে
খিলখিল হাঁহিৰ লহৰে লহৰে
ইথাৰত ঢৌ তোলে
ৰাঙলি সুৰুযে চুমাৰ পৰশে
গালতে (ৰাঙলি) ৰং চৰায় ৷৷
(৪১)
কথাবোৰে সুৰ পালে
বাজে গীত হই
ফুলনিত ফুলবোৰে
ফুলে ফুল হই
ভোমৰা উৰি ফুৰে মতলীয়া হই
ফুলে ফুলে মউ চুহে আলফুল কই।।
আশাবোৰে ভাষা পালে
জীৱনৰ জয়
নিৰাশাই লগ দিলে
হয় পৰাজয়
ক্ষণবোৰ পাৰ হয়
গাঁথা থাকে ৰই
আশাতেই বই যায় জীৱনৰ নই।।
শেৱালিৰে তল ভৰে
আহিলে শৰত
জোনাকে ৰূপ সিঁচে
দুবুৰি বনত
জুৰিবোৰ বই যায়
কুলু কুলু কই
সুদূৰত বাঁহী বাজে
ৰিণিৰিণি কই।।
(৪২)
তোমাতে তুমি হই মই আছোঁ
হাতে হাতে ধৰি আমি নাচোঁ
তুমি মই, মই তুমি
দুটি নিজৰা এখনি নদী ।।
স্পৰ্শৰ ভাষাবোৰ সমলয় হই
হৃদয় বীণাৰ তাঁৰে বাজে গীত হই
প্রাণে প্রাণে জাগে কিযে শিহৰণ
সুৰৰ লহৰে ভৰা এই মধুক্ষণ
জীৱনৰ ছন্দে উঠক ভৰি ৷৷
ৰঙীন সপোন ভৰা নতুন দেশত
উৰি যাওঁ ব'লা আমি নৱ উছাহত
সুদূৰত বাজে চিনাকি বাঁহী
যৌৱন মউবনত ফুলৰ হাঁহি
ভৰিছে বকুল শেৱালি সৰি।।
(৪৩)
ভোমোৰাই উলাহতে
ফুলে ফুলে কথা পাতে
চাই চাই ঐ মন মোৰ
উৰোঁ উৰোঁ কৰে৷৷
বহাগৰ আবেলিতে
নাচনীয়ে উলাহতে
কঁকাল ভাঙি ভাঙি নাচে
নাচোনৰ তালে তালে ঐ
ভৰিৰ নেপুৰ বাজে
ৰুণ-জুন্ সুৰে।।
ঘন ঘনকৈ বাজে পেঁপা
নাচনীৰ উঠিলে গা
তাধিনাধিন বোলে ঐ
ঢোলীয়াই ঢোলত বোল তোলে
মন নাচোঁ নাচোঁ কৰে ৷৷
গগণাৰে মিঠা সুৰে
দেহ-মন জুৰ পৰে
মন জুৰণীয়া গীতে ঐ
হিয়াত সপোন ৰচে
জান তোলে' মনত পৰে।।
(৪৪)
ৰিম্জিম্ ৰিম্জিম্ বৰষুণে
সুৰৰ লহৰ তোলে
প্ৰাণে প্ৰাণে ভাৱনাই
ৰঙীন পাহি মেলে ।।
ৰিবৰিবা ৰিবৰিবা বতাহ জাকে
বিৰিখৰ পাত কঁপায়
চিকমিক্ চিক্ মিক্ বিজুলীয়ে
তাতে বোল সানি যায়
মিঠা মিঠা মিঠা শিহৰণে
মনত পোহাৰ মেলে৷৷
টোৰ টোৰ্ টোৰ টোৰ্ ভেকুলীয়ে
মিঠা মিঠা গীত জুৰে
নিজম নিশাৰ এন্ধাৰ ভেদে
জিঞা জিলীৰ মিঠা সুৰে
হৃদয় পথাৰ হয় উনমন
ভাৱৰ লহৰ তোলে ।।
(৪৫)
ভুলেৰে সাজিলোঁ জীৱনৰ পঁজা
পঁজাটি উৱলি খহি পৰে
নিজম নিশাৰ নীৰৱ লগনে
চকুৰে লোতক সৰে ।।
গোলাপ নহ'লেও আছিল বকুল
ফুলিছিল ডালে ভৰি
ভুলৰ আঘাতে মৰহি শুকাল
সৰি ৰ'ল তল ভৰি
আজিও ভাহিছে তাৰে সুবাস
স্মৃতিৰ আঁৰে আঁৰে ।।
মৰিচিকা খেদি ভ্ৰমি ফুৰিলোঁ
ৰুদ্ধ কৰিলোঁ গতি
কাল ধুমুহাই কলিতে ভাঙিলে
ফাগুন নিলেহি মচি
সুখৰ চাকিটি নজ্বলিল মোৰ
জীৱনৰ খেলা ঘৰে ৷
(৪৬)
ৰিব ৰিব্ বতাহে কঁপালে
লিহিৰি বিৰিণা পাত
কুউ কুউ কুলিয়ে জুৰিলে
সুৱদি সুৰীয়া মাত।।
জিৰ জিৰ জুৰিটি
নাচি নাচি বয়
টলবল টল নদীয়ে
সাৱটি লয়
মনৰ ফাগুন ৰাঙলি হয়
শিহৰণ তোলে গাত ৷৷
ৰঙা ৰঙা পলাশে
ফাগুন ৰঙায়
গুনগুন সুৰে
ভোমৰাই গায়
হিয়াই হিয়াই পুলক জাগে
ফাগুনে লগালে মাত ৷৷
(৪৭)
সভ্য জগতৰ ভৱ্য মানুহে আজি
হেৰাইছে জীৱনৰ মূল্য
নীতি দালিয়াই দুর্নীতি সাৱটি
হাঁয়! নিজকে মানিছে ধন্য ।।
তোমাৰ ঘামে যদি পলুৱায়
ভোকাতুৰৰ ভোক
তোমাৰ শ্ৰমে যদি পাহৰায়
শোকাতুৰৰ শোক
তথাপি জানো তুমি
নসৰাবা ঘাম
তথাপি জানো তুমি
নকৰিবা শ্ৰম ?? হাঁয়।
তোমাৰ গানে যদি পাহৰায়
বেথাতুৰৰ দুখ
তোমাৰ প্ৰেমে যদি পোহৰায়
বিৰহীৰ মুখ
তথাপি জানো তুমি নাগাবা গীত
যি গীতে পুলকায় ব্যথিতৰ চিত?? হাঁয়...
(৪৮)
নৱ নৱ বহাগে
পাতিছে ফুলৰ মেলা
ৰিব ৰিব সমীৰে
পাতে পাতে কৰিছে খেলা।।
লাহী লাহী পখিলা
ফুলে ফুলে উৰে
বগা বগা ডাৱৰে
আলাসত ফুৰে
ভোমোৰা গুঞ্জৰে
ফুলে ফুলে কৰে খেলা ।।
টিহিৰি চিঁহিৰি পেঁপাটি বাজে
মিঠা সুৰে
ঢোলীয়াই ঢোলত তাধিননাধিন
বোল তোলে
নাচোঁ নাচোঁ কৰে দেহা
ঢোল পেঁপাৰ তালে তালে।।
(৪৯)
গুম গুম মেঘে গাজে
হুৰ্ হুৰ্ বতাহ বলে
ৰিম জিম ৰিম জিম বৰষুণে
মন ৰাই-জাঁই কৰে ৷৷
টপ্ টপ্ টপ্ বৰষা সৰে
বাজে মিঠা সুৰ
মউ বৰষা মিঠা সুৰে
দেহা পৰে জুৰ
শিহৰিত হয় তন-মন
হিয়া উন্মন কৰে।।
টোপাল টোপাল পানী সৰি
ভৰে খাল বিল
জোনৰ জোনাকে তাত পৰি
হাঁহে জিলমিল
মন ভুলোৱা মিঠা সুৰে
ভেকুলীয়ে গীত জুৰে
জিলীয়ে বজায় পেঁপা
মন আকলুৱা সুৰে ৷৷
(৫০)
নিজম নিশাৰ নিজম লগনে
কোনে যেন মোক মাতে
তাৰেই সমলয় সুৰ হই বাজে
জীৱনৰ পাতে পাতে ।।
মনত পৰে হেৰুৱা দিনৰ
অলেখ মধুৰ গীতি
ফাগুনৰ ৰঙে ৰাঙলি কৰা
অনেক জোনালী ৰাতি
কুলি কেতেকীৰ সুমধুৰ সুৰে
আজিও যেন মোক মাতে ৷৷
হিয়াৰ তাঁৰত সুৰ সমলয়
অচিন পুলক জাগে
শেৱালি সৰা জোনালী নিশা
কিযে মায়াময় লাগে
আশাৰ সেউজ পথাৰখনে
সুৰ সিঁচি যায় তাতে।।
(৫১)
ফাগুন আহিছে পলাশ বনতে
ফাগুন আহিছে মনতে
ফুলে ফুলে উৰি ফুৰা ভোমোৰাৰ
গুনগুন গীতৰ কলিতে।
পাতে পাতে সমীৰে কিনো গীত গায়
বাটে বাটে ধূলিয়ে ফাকু সানি যায়
জাক জাক ডাৱৰে ঢাপলি মেলিছে
ধুলিয়ৰি আকাশৰ বুকুতে ।।
ডালে ডালে কুলিয়ে মিঠা গীত গায়
সুৰে সুৰে ফাগুনৰ বুকু জিনি যায়
বিৰহী কেতেকী কাকেনো বিচাৰি
বিনায় কাতৰ সুৰতে ৷৷
(৫২)
লিহিৰি লিহিৰি বিৰিণা কঁপিছে
কঁপিছে গছৰে পাত
ইচাটি বিচাটি হিয়াৰে পদূলি
কঁপনি উঠিছে গাত
টকা-গগণাৰ মউ মিঠা মাত ৷৷
পেঁপা বাজিছে ঢোলত ছেৱ মাৰিছে
মদাৰে মেলিছে পাহি
পখিলা পাখিত সৰু তৰা ফুল
কুলিয়ে মাতিলে আহি
কেতেকীৰ সুবাস সমীৰণে আহি
আলফুলে সিঁচিলে গাত ৷৷
বহাগৰ দুপৰীয়া মন উৰণীয়া
চম্চম্ কৰে দেহা
কপৌ পাহিৰে খোপাটি সজালে
নাচনীয়ে দাঙিলে গা
বুকুত নিগৰে পিৰিতি নিজৰা
যৌৱনে লগাতে মাত ৷৷
(৫৩)
সোণ গুটি ধানে হৃদয়ে হৃদয়ে
জ্বলায় আশাৰ চাকি
সোণালী চাদৰে আছেহি যেন
আঘোণৰ পথাৰ ঢাকি ৷৷
আঘোণ আহিলে সোণোৱালী ধানে
পথাৰ উপচি পৰে
হৃদয় আকাশ উদুলি মুদুলি
আশাই ৰঙীন কৰে
সুন্দৰে আহি হিয়াই হিয়াই
সুৰবোৰ দিয়ে বাকি ৷৷
পথাৰ লখিমী হালিজালি নাচে
সমীৰে চুমি গ’লে
পথাৰে পথাৰে লখিমী আদৰে
গীতৰ তালে তালে
ধৰাত যেন সৰগ নামে
চহাৰ হৰিষ দেখি ।।
(৫৪)
অ' লাহী পখিলি ক'ৰ
পৰা নো আহিলি
বৰণীয়া বোল সানি
মৰম লাগে পুলক জাগে
চালে তোৰ দেহখনি ৷৷
মৰমে আলফুলে সানি যায়
বৰণীয়া বোল
যৌৱনে গোপনে দেহৰ ভাঁজতে
ফুলায় ৰঙীন ফুল
তোৰ পাখিৰে ফুল বচা ৰং
দিয়ে বাৰু কোনে আঁকি??
ফাগুন আহিলে পলাশ ফুলিলে
ৰঙে ৰঙে ভৰে ধৰা
ভোমোৰা গুঞ্জৰে ফুলে ফুলে উৰে
গানে গানে ভৰে ধৰা
তোৰ পাখিতে গুগুন্ গীত
দিয়ে বাৰু কোনে বাকি ??
(৫৫)
ফাগুন আহি ৰং সানিলে
পুলক জাগে মনে মনে
কুলিয়ে আহি গীত জুৰিলে
ধৰা ভৰে গানে গানে
অ' চেনাই দেখিছনে তই??
সেউজী পাততে সমীৰে নাচিছে
কেতেকীয়ে বিনালে আহি
বহাগে সজালে ফুলৰ শৰাই
উজলে ফুলৰ হাঁহি
পাহাৰীয়া জুৰি নাচি নাচি বয়
ৰঙতে ৰাঙলি হই।।
চিঁহিটি টিঁহিটি পেঁপা বাজিছে
ঢোলত মাৰিছে ছেৱ
মনৰে বিৰিণা লিহিৰি কঁপিছে
উঠিছে পিৰিতিৰে ঢউ
নাচনীয়ে গা দাঙিছে
কঁকাল ভাঙি নাচিছে
মিচিকি হাঁহিটি লই ।।
(৫৬)
আহ আহ তই আহ
নাচি নাচি আহ
মোৰ বুকুৰ চোতালতে
নাচ আহি উলাহতে
আহ এপাক নাচি যা ।।
বহাগৰ দুপৰত হিয়া ভৰে আবেগত
উৰোঁ উৰোঁ কৰে হিয়া
দেহা কঁপে ঘনেঘন
নাচোঁ নাচোঁ কৰে গা ।।
ৰিব ৰিব সমীৰণে
ফুল ফুলি হালেজালে
নাচোঁ নাচোঁ কৰে হিয়া
ভোমোৰাৰ গুঞ্জনে
পুলক জাগে মনে
ৰম্ৰম্ কৰে গা।।
নিৰিবিলি এই ক্ষণ
শিহৰিত তনমন
হৃদয়ৰ পথাৰত
ভাৱনাৰ গুঞ্জন
আকাশে বতাহে সুৰ
চম্চম্ কৰে গা ।।
(৫৭)
দুখৰ ৰাতি নাযায় নুপুৱায
হই থাকে যুগমীয়া
সুখৰ ৰাতি কিয় যে বাৰু
ইমান খন্তেকীয়া।।
ধূপ জ্বলি জ্বলি ধোঁৱা হই উৰে
বতাহে সৌৰভ ভাহে
সেই সৌৰভৰ পৰশ সানি
হিয়াত পুলক জাগে
ধূপৰ দৰেই সুখৰ ক্ষণবোৰ
জ্বলি জ্বলি হয় নাইকীয়া ৷৷
সুখৰ স্মৃতিয়ে আজৰি পৰত
হৃদয় উন্মন কৰে
দুখৰ ক্ষণবোৰ বেদনা বিধুৰ
বিষাদে হিয়া আৱৰে
বিষাদ বেথাৰ স্মৃতিয়ে দেখোন
জীৱনৰ লগৰীয়া।।
(৫৮)
আকাশে বতাহে মেঘে গাজিছে
বৰষা গধুৰ এই ক্ষণ
কথাৰে নহয় সুৰেৰে জনালোঁ
মোৰ হিয়াৰ আবেদন ৷৷
আকাশৰ সৌ বিজুলি ৰেখাত
তোমাক মই দেখা পালোঁ
মোৰ অনুভৱ গীতৰ মালিতা
তোমাৰ বাটত সিঁচি দিলোঁ
বৰষাৰ গীতত সুৰৰ মূৰ্চ্ছনা
শুনো তোমাৰ গুঞ্জন ৷৷
নিৰিবিলি এই নিজম নিশা
তোমাৰ পদধ্বনি শুনোঁ
হৃদয় বীণাত সুৰৰ লহৰ
তুমিয়ে সিঁচিছা জানো
ধীৰ মন্থৰ সমীৰ জাকত
দেখোঁ তোমাৰ আলোড়ন।।
(৫৯)
সোণটি ঐ ধনটি ঐ
ওলাই আহ ওলাই আহ
বহাগে লগালে মাত চাকি দে চাকি দে
চাকি দে চাকি দে গোসাঁইৰ থাপনাত ।।
গছে গছে ন-কুঁহি মেলিছে
ডালে ডালে ন-ফুল ফুলিছে
হিয়াই হিয়াই মৰম নিজৰা
কুলিয়ে লগালে মাত ৷৷
ডেকা-ডেকেৰীৰ গাত তত নাই বু
ঢ়ীয়েও নাচিছে কঁকাল পোণাই
ফুফুলা দাঁতেৰে বুঢ়াই হাঁহিছে
ধৰাত ৰঙৰ হাট ।।
বহাগৰ পথাৰে ৰিঙিয়াই মাতিছে
পেঁপাৰ মাততে ইথাৰ কঁপিছে
বিহুৱতী নাচনী সাজিছে কাঁজিছে
নেঁপুৰৰ ৰণ-জুন্ মাত ৷৷
(৬০)
তুমি সিঁচিছিলা ফুলৰ সুবাস
মোৰ বাটে বাটে
সানিছিলা তুমি ৰামধেনু ৰং
মোৰ বনে বনে ৷
সন্ধিয়া পৰত এন্ধাৰ নামিলে
ঘৰে ঘৰে জ্বলে চাকি
জোনাকেও দেখোঁ এন্ধাৰ খেদিবলে'
দিয়েহি পোহৰ বাকি
মোৰ মনৰ এন্ধাৰ খেদিবলে
আহিছিলা মনে মনে ৷৷
নিসাৰ বীণা মিঠা সুৰে বাজে
বোলালে মৰমী হাত
নুমোৱা চাকিয়ে পোহৰ বিলায়
শলিতা জ্বলালে তাত
মোৰ হৃদয়তো সুৰ সিঁচিছিলা
তোমাৰ গানে গানে ।৷
(৬১)
কৃষ্ণচূড়াৰ ৰঙে কেতিয়াবা যদি
উজলে তোমাৰ ধৰা
তেতিয়াও জানো মোৰ বাটত তুমি
ফুল সিঁচি যাবা??
বিৰহৰ জুইয়ে হৃদয় দহিলে
স্মৃতি লগৰীয়া হয়
মুক বেদনাই মাত হৰি নিলে
লোতকে কথা কয়
মোৰ সৰসীৰ ফুল সৰি গ'লে
তুমি জানো ফুলিবা??
শেৱালি সৰি তল ভৰি ৰ'লে
পূজাৰ বেদীত শোভে
জোন গলি গলি শেষ হই গ'লে
পূর্ণিমাত পুনৰ উজলে
মোৰ বীণাৰ ছিগা তাঁৰত
তুমি জানো সুৰ তুলিবা ??
(৬২)
ফাগুনৰ এই ফুট গধূলি
উৰিছে বাটৰ ধূলি
কুলিয়ে গাইছে পাতৰ আঁৰত
সুৱদি লহৰ তুলি।।
শিমলু পলাশ ৰঙতে ৰাঙলি
মেলিছে ৰঙীন পাহি
ফুলে ফুলে গুঞ্জৰি ফুৰিছে
মধুকৰ অলি আহি
ভাৱৰ পখিলা আহিছে ওলাই
ভাৱৰ দুৱাৰ খুলি ।।
বৰ্ষণ মুখৰ ডাৱৰ উৰিছে
পছোৱাৰ তত নাই
জুৰিটি নাচিছে শিলৰ বুকুত
কুলু কুলু গীত গাই
উদ্ভিন্ন যৌৱনা ধৰণী মুখৰ
ফাগুন আহিছে বুলি।।
(৬৩)
কিযে অপৰূপ ফাগুনৰ এই
জোনাক ভৰা ৰাতি
সেউজী ধৰাত ৰূপালী আঁচল
দিছেহি জোনাকে পাতি ৷৷
নিজম নিশাৰ নিবিড় পৰত
জিলীয়ে বজায় বাঁহী
চেনেহ বলীয়া কলীয়া ভোমোৰাই
চুমিছে ফুলৰ পাহি
পছোৱা সমীৰ ভাৱত বিভোৰ
মৃদু মন্থৰ গতি ।।
আকুল প্রাণেৰে বিৰহী কেতেকী
কাকনো ফুৰিছে মাতি
কুলিৰ সুৱদি গীতৰ লহৰে
মুখৰ কৰিছে ৰাতি
এমুঠি উদাস ভাৱৰ লহৰে
ধৰিছে হৃদয় ছাটি ।।
(৬৪)
আহিনৰ পুৱা দুবুৰি বনত
নিয়ঁৰ মুকুতা জ্বলে
তলসৰা ফুলে বাসৰ পাতে
বকুল শেৱালি তলে ৷৷
নিয়ৰ সিক্ত ঘাঁহনি ডৰাত
কোমল আমেজ সনা
খোজে প্রতি সৰি পৰে
ৰূপালী নিয়ঁৰ কণা
মিঠা শিহৰণ জাগে হৃদয়ত
নিয়ঁৰ গচকি গ'লে ।।
সোণালী কিৰণে দুবুৰি বনত
ৰামধেনু আঁকি যায়
পুৱাৰ সমীৰে আলফুল পৰশে
ৰংবোৰ মোহাৰি যায়
টোপাল টোপাল মুকুতা সৰে
সমীৰে জোকাৰি গ'লে ৷৷
(৬৫)
ইমান আপোন অথচ তুমি
কিয়যে ইমান পৰ
কাষত থাকিও তুমি যেন তৰা
সউ নীলা আকাশৰ ৷৷
মোৰ ফুলনিৰ সুৰভি তুমি
গোলাপ কোমল হাঁহি
মোৰ হৃদয়ৰ কৃষ্ণচূড়াৰ
তুমিয়ে ৰঙীন পাহি
মোৰ হৃদয়ৰ জেউতি তুমি
ৰূপোৱালী জোনাকৰ ৷৷
তুমি আছা মোৰ অনুভৱ জুৰি
এবুকু সপোন হই
হৃদয় বীণাৰ ৰাগিণী তুমি
আশাৰ বোঁৱতী নই
তোমাৰ বুকু উমাল প্রেমেই
প্ৰেৰণা মোৰ জীৱনৰ।।
(৬৬)
মোৰ গানে যদি তোমাৰ হিয়াত
তোলে কিঞ্চিত আলোড়ন
সেয়াই হ'ব বহুত পোৱা
নাই বেছি প্ৰয়োজন ৷ ৷
তুমিতো নাজানা মোৰ হৃদয়ৰ
কত ঠাই আছা ব্যাপী
সপোনে দিঠকে তোমাৰ ছবি
ৰাখিছোঁ হিয়াত থাপি
তোমাৰ কথা ভাবিলে দেহত
জাগে মিঠা শিহৰণ ৷৷
প্ৰহৰে যিদৰে বঢ়াই তোলে
যামিনীৰ গভীৰতা
তোমাৰ ভাৱনাই সিদৰে বঢ়ায়
হৃদয়ৰ আকুলতা
জীৱন মৰুৰ (তুমি) তৃষ্ণাৰ বাৰিধি
মৰুদ্যান ছাঁয়াঘন ।।
(৬৭)
প্ৰেম নামৰ এনাজৰীডালে
বান্ধি ৰাখিছে ধৰণী
অন্ধ আবেগৰ মিঠা শিহৰণ
জীৱন নদীৰ তৰণী ৷৷
প্রেম এবুকু মিঠা ব্যাকুলতা
নাই কোনো পৰিসৰ
প্ৰেমেই জীৱন ফুলাম কৰে
ৰং সানে পলাশৰ
প্ৰেম জীৱনৰ মধুৰ সুৰভি
ওপচায় হিয়াৰ তটিনী৷৷
প্রেম এবুকু মিঠা অনুভৱ
উদ্গনি হৃদয়ৰ
প্ৰেমৰ মাজতে লুকাই আছেহি
প্ৰতিশ্ৰুতি সুন্দৰৰ
ধৰা থাকে মানে প্রেমো থাকিব
থাকিব প্ৰেমৰ ৰাগিণী ।।
(৬৮)
তুমি নাই বুলি মোৰ জীৱনৰ
নাই কোনো সুৰ ছন্দ
জীৱন মৰুৰ প্ৰান্তৰত মই
যাযাৱৰ পৰিশ্ৰান্ত৷৷
মই আছিলো এখনি নদী
তুমি আছিলা গতি
মোৰ দুচকুৰ পাহিত তুমিয়ে
সিঁচিছিলা স্বপ্ন জ্যোতি
তুমি অবিহনে জ্যোতিহীন চকু
বাটৰুৱা মই অন্ধ।
মই আছিলোঁ নিৰস কবিতা
তুমি আছিলা ছন্দ
মই আছিলো এপাহি ফুল
তুমি আছিলা গোন্ধ
তুমিহীন এই জীৱন মৰুত
নাই কোনো ৰূপ গোন্ধ ৷৷
(৬৯)
তোৰ মুখলে চালে ঐ লাহৰী
নাথাকে দেহৰ ভোক
মনৰ ভোকে আমনি কৰে
কেনেকে' পাহৰোঁ তোক ৷৷
আকাশৰ জোন নালাগে ভাল
তোক দেখাৰে পৰা
উদাস ভাৱনাই জামৰি আছে
হিয়াৰ পথাৰৰ্ডৰা
কৃষ্ণচূড়াৰ ৰঙেও দেখোন
বান্ধিব নোৱাৰে মোক ৷৷
সাগৰৰ ঢউ নেলেখোঁ মই
তোৰে চুলিটাৰি চাওঁ
সাত সাগৰৰ ঢউৰ নাচোন
তাতেই দেখা পাওঁ
তোৰ চকুৰ নীলা সাগৰে
বাউলি মাতেহি মোক ৷৷
(৭০)
কৈশোৰ গচকি যৌৱন দুৱাৰ
পালোঁহি গোপনে আহি
হিয়াৰ ফুলনি ৰমক জমক
যৌৱনে মেলিছে পাহি ৷৷
চঞ্চল দেহাটি উৰোঁ উৰোঁ কৰে
মনৰ স্থিৰতা নাই
কাৰে বাটে গণে উদাস হৃদয়ে
পদুলি মুখলে' চাই
ফাগুনৰ ৰং কোনেনো মনত
বোলালে গোপনে আহি ৷৷
সকলো থাকিও একো যেন নাই
উৰুঙা উৰুঙা মন
কাকেনো বিচাৰি উদাস হৃদয়
চাটিফুটি কৰে মন
সোণ সেৰীয়া অলেখ সপোনে
জামৰি ধৰিছে আহি ।।
(৭১)
কাৰ বাবে বাৰু ফুলে
বুকুত মউ সাঁচে
ফুলে ফুলে উৰি কলীয়া অলিয়ে
বুকুৰে মৰম যাচে ।।
সুৰভিৰে ভৰা ফুল ধৰাৰ ৰাণী
বুকুত ৰাখিছে সাঁচি ৰূপৰ বাণী ৰূ
পহী কইনা যেন সাজোন কাচে ।।
পছোৱাই চুমি যায় ফুলৰ পাহি
নাচনীৰ দেহা যেন নাচে হালিজালি
সোণালী সুৰুযে তাতে
আলফুলে চুমা আঁকে ।।
( ৭২)
গধূলিৰে সউ আকাশে পাতিছে
কিযে ৰূপৰ খেলা
সন্ধ্যাৰাগৰ বহিছে মেলা ।।
বিদায়ী সুৰুযে মেঘৰ বুকুতে
সানিছে সোণালী বোল
লাজত ৰক্তিম ষোড়শীৰ যেন
শোভিছে ৰঙা কপোল
সোণালী সুৰুযে ৰাঙলি গালতে
মাৰিছেহি যেন চুমা ৷৷
শাওণৰে ভৰা নদীৰ বুকুত
আকাশে সিঁচিছে ফাকু
পছোৱা সমীৰে চুমি চুমি গৈছে
ৰাঙলি নদীৰ বুকু
ন-কইনাৰ বুকু যেন কঁপিছে
প্রথম মিলন বেলা ।।
(৭৩)
অযুত তৰাৰ প্ৰদীপ জ্বলাই
আকাশে বাসৰ পাতে
নিজম পৰত সেই বাসৰলে’
মোক বাউলি মাতে ৷৷
আকাশৰ বুকু শুৱাই আছে
থোপা-থোপে তৰা ফুলে
নীলিমত যেন মুকুতা খটোৱা
শাৰীৰ আঁচল উৰে
পিয়লা ভৰা ৰূপৰ মদিৰা
যেন ধৰালে' বুলি বাকে ৷৷
আকাশে তৰিছে নীলা চন্দ্ৰতাপ
মনোমোহা কিযে শোভা
তৰাই তাতে মিতালি পাতিছে
সৰিছে ৰূপালী আভা
সহস্ৰ দল ৰূপৰ মাধুৰী
যেন ফুলি আছে তাতে।।
(৭৪)
মোৰে চোতালতে নিতে পুৱা গধুলিতে
ঘূৰি ঘূৰি নাচহি তই
তোৰে নাচোন দেখি থৌকিবাথৌ মন
নিজকে পাহৰোঁ মই ।।
তোৰে ৰুনজুন গীতৰ সুৰে
সুৰৰ মুকুতা সিঁচে
সেই সুৰে সুৰে মন-প্রাণ উপচি পৰে
ধৰাত সৰগ ৰচে
পুৱা গধূলিতে শুনি তোৰে গীতে
ধৰাত বয় সুৰৰে নই।
নিয়ঁৰ মুকুতা সৰি তিয়ালে দুবুৰি
শেৱালি বকুল সৰি শুৱালে পদূলি
তোৰে গীতৰ লহৰে লহৰে
হিয়া মোৰ নিয়ে উটুৱাই ।।
(৭৫)
ফুলৰ পাহিত পৰি
পখিলা নাচে
আলফুলে চুমা আঁকি
মৰম যাচে ।।
বৰণীয়া পখিলাৰ
লাহী লাহী পাখি
নাচি নাচি চুমি যায়
ফুলৰ পাহি
ৰাংঢালী নাচনী যেন
ফুলে ফুলে নাচে৷৷
ফুলবচা পখিলাৰ
বৰণীয়া বোল
ফুলে ফুলে উৰে যেন
উৰণীয়া ফুল
উলাহতে ফুলৰ সতে
মনৰে কথা পাতে ।।
(৭৬)
বিহৰে জুইকুৰা বুকুত জ্বলাই
আছাহি দূৰতে ৰই
নিজম পৰত কলিজা দহে
মনত পৰে তোমালই ।।
শেৱালি বোটলা সেই দিনৰ কথা
কেনেকে' বাৰু তুমি পাহৰি আছা
আজিও বকুল শেৱালি সৰে
সৰি সৰি তল ভৰে টপ্ টপ্ কই।।
পিৰিতিৰে এনাজৰী চিঙি থই
কেনেকে' আছাহি বাৰু দূৰতে ৰই
কেনেকে' পাহৰোঁ মই
হিয়া জুৰি আছাহি ৰই
এবুকু সোঁৱৰণী হই।।
(৭৭)
তোমাৰ মুখখনি যেন পূর্ণশশী
গাৰ বৰণ কেঁচা সোণ
ডালিমগুটীয়া দু পাৰি দাঁত
হাঁহিলে মুকুতা সৰে দেখোন ৷ ৷
সপোনে দিঠকে তোমাৰ ছবি
চকুৰ পাহিত থাকে ভাহি
দেখিলে তোমাক জুৰায় নয়ন
নেদেখিলে মন উচাটন।।
লাহী কঁকাল উঠন বুকু
হৰিণীৰ দৰে চঞ্চল চকু
চাৱনি তোমাৰ নলীয়া বন্দুক
কলিজা ভেদি যায় দেখোন।।
নদীৰ দৰে তোমাৰ যৌৱন
চালেই ৰমেৰমায় মন
নিজৰাৰ দৰে চঞ্চল গতি
চাই চাই হেঁপাহ নপলায়চোন ।।
(৭৮)
উজাগৰি বহু নিশা বহি বহি
তোমালে’ লিখিলোঁ চিঠি
জাপে জাপে কাগজত লিখিও
লিখিবলে' ৰ'ল
বাকী।।
আইৰ মৰম প্ৰকাশৰ বাবে
আছে জানো কোনো ভাষা
চাকিৰ শিখাই পোহৰাব পাৰেনে
গভীৰ তিমিৰ নিশা
ভাষাৰে জানো অঁতাব পাৰি
মনৰ মৰম লিখি??
সাগৰৰ পানী কলহত জানো
ভৰাই ৰাখিব পাৰি
নীলা আকাশৰ বিশালতা জানো
কাকতত আঁকিব পাৰি
তোমালে' মোৰ মৰম যিমান
অঁতাব নোৱাৰিলো লিখি ।।
(৭৯)
আই তোলে' চাই চাই মোৰ
নপলায় চকুৰ হেঁপাহ
চাওঁ মানেচোন চাবৰে মন
ৰূপ তোমাৰ অনুপমা ৷৷
পাহাৰে ভৈয়ামে ৰসাল মাটি
সেউজে দিছেহি আঁচল পাতি
কি-যে অপৰূপ ৰূপৰ পোহাৰ
প্ৰকাশৰ নাই ভাষা ।।
অলেখ নিজৰা ৰূপালী নদী
টবল বই যায় সাগৰ মুখী
চৰ-চাপৰিত হালিজালি নাচে
কোমল ধৱল কঁহুৱা ৷৷
(৮০)
আই তোমাৰ
ৰূপ অপৰূপ
মনত দিয়েহি দোলা
পাওঁ যেন মই
জনমে জনমে
তোমাৰ শ্যামলী কোলা ৷৷
তোমাৰ বুকুৰ ৰস সুধা
সুধাতকৈও অধিক মিঠা
কৰুণাময়ী চেনেহী আই
তোমাৰ উপমা পাবলে' নাই
মহিমা তোমাৰ অতি অপাৰ
আই তুমি অপৰূপা ।।
স্বৰ্গদপী গৰিয়সী আই
নপলায় হেঁপাহ তোমালে’ চাই
তোমাৰ শ্যামলী ৰূপৰ আভাই
হৃদয়ত মোৰ পুলক জগায় চাই
থাকোঁ মানে চাবৰে মন
ৰূপ তোমাৰ অনুপমা ৷
(৮১)
শৰতৰ নিশা শেৱালি সৰি
তল ভৰি থাকে ৰই
মোৰ মৰমে মৰম বিচাৰে
পদুলি মুখতে ৰই।।
চকুৰ চিনাকি বহু দেখা পাওঁ
মনৰ চিনাকি নাই
বুকুৰ মৰম উপচি আছে
দিবলে' মৰমী নাই
কেতিয়ানো বাৰু আহিব মৰমী
ফাগুন পছোৱা হই৷৷
কাজল বৰণ সজল মেঘে
আকাশ ধৰিলে ছাটি
ৰূপহী ধৰাই আদৰে তাক
সেউজী আঁচল পাতি
মোৰ মৰম আদৰিব কোনে
মনৰে লগৰী হই??
(৮২)
অ' জান ঐ
মোলে' এবাৰ চোৱাচোন
মিচিকিয়াই হঁহাচোন
তোমাৰ হাঁহিত সৰে
মুকুতা সোণ।।
কুন্দত কটা দেহলতা
সৰজিছে বাৰু কোন বিধাতা
তোমাৰে মুখলে' চাই
জোনালীৰে জোনবাই
মেঘৰ আঁৰত মুখ লুকায় দেখোন ৷৷
লাহী কঁকাল উঠন বুকু
হাৰিণী চাৱনি পদুম চকু
উৰোঁ উৰোঁ কৰে মন
দেহা কঁপে ঘনেঘন
কাজল চুলিৰ দেখি
সাজোন কাঁচোন ।।
অংগে অংগে যৌৱন জোৱাৰ
সুৱদি কণ্ঠ সুধাৰ ভাণ্ডাৰ
শুনিলে মিঠা সুৰ
দেহমন পৰে জুৰ
নিজৰাৰ গীতো জয়
পৰে দেখোন।।
(৮৩)
সভ্য জগতৰ ভব্য মানুহ আজি
হেৰাইছে নিজৰ মূল্য
নীতি দলিয়াই দুর্নীতি সাৱটি
নিজকে মানিছে ধন্য ।
হাঁয় মানুহ নিজকে মানিছে ধন্য।।
তোমাৰ ঘামে যদি পলুৱায়
ভোকাতুৰৰ ভোক
তোমাৰ শ্ৰমে যদি পাতলায়
শোকাতুৰৰ শোক
তথাপি জানো তুমি নসৰাবা ঘাম
তথাপি জানো তুমি নকৰিবা শ্ৰম??হে মানুহ
তোমাৰ গানে যদি পাহৰায়
ব্যথিতৰ দুখ
তোমাৰ প্ৰেমে যদি পোহৰায়
বিৰহীৰ মুখ
তথাপি জানো তুমি নেগাবা গান
তথাপি জানো তুমি নকৰিবা প্রেম।। হে মানুহ
সমাপ্ত


মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন