ড০ এ,পি,জে আব্দুল কালাম (শূন্যৰ পৰা শিখৰলৈ)
ড০ এ,পি,জে আব্দুল কালাম
(শূন্যৰ পৰা শিখৰলৈ)
সূচীপত্র
ড০ এ পি জে আব্দুল কালম শূন্যৰ পৰা
শিখবলৈ-
পৰিয়ালৰ পৃষ্ঠভূমি আৰু শিক্ষাজীৱন-
কালামৰ কৰ্মজীৱন-
কালামৰ চিন্তাৰ স্তৰ-
কালামৰ জীৱনৰ নটা দশক-
ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰাৰ পাছত কালাম-
তলত দিয়া সংস্থাত কৰ্মৰত আছিল-
ৰামেশ্বৰমৰ গৌৰৱ-
পৰিয়ালৰ লগত ওতপ্রোত সম্বন্ধ-
থকাব্যক্তিসকলৰ ভাষ্য-
পাৰমাণৱিক বৈজ্ঞানিক বনাম রাজনীতিবিদ-
নিৰ্বাচনৰ ঘটনাক্ৰম-
কালামৰ বিয়োগ আৰু শেষকৃত্য-
ড০ এ পি জে
আব্দুল কালামৰ অমৰ বাণী-
ড০ এ,পি,জে আব্দুল কালম
শূন্যৰ পৰা শিখৰলৈ
ভাৰতীয় ক্ষেপণাস্ত্র কার্যসূচীৰ
নিৰ্মাতাৰূপে জনাজাত আবুল পাখিৰ জয়নুল আবদিন আব্দুল কালাম তথা এ,পি,জে আব্দুল কালমৰ জন্ম তেতিয়াৰ মাদ্রাজ প্ৰেচিডেন্সি তথা বর্তমানৰ
তামিলনাডুৰ অন্তৰ্গত তীর্থনগৰী ৰামেশ্বৰমৰ ওচৰৰ ধনুষকোডি নামৰ গাঁৱৰ এটি অতিকৈ
দুখীয়া পৰিয়ালত। তেওঁৰ দেউতাক জয়নুল আব্দিন মাকায়াৰ ভাৰাতীয়া নাৱৰ গৰাকী আছিল
আৰু তেওঁ স্থানীয় মছজিদত ইমামতি কৰিছিল। জয়নুল আন্দিনৰ পূৰ্বপুৰুষসকল জমিদাৰ আৰু
খুবেই ধনী আছিল। তেওঁলোকৰ জীৱিকাৰ মুখ্য মাধ্যম আছিল ব্যৱসায়। তেওঁলোকে
শ্ৰীলংকাৰপৰা তৰু-তৰকাৰী আমদানি কৰাৰ লগতে ৰামেশ্বৰমলৈ অহা তীর্থযাত্রীসকলক
এঠাইৰপৰা আন ঠাইলৈ বিশেষকৈ ৰামেশ্বৰমৰপৰা পাম্বানলৈ অনা-নিয়া কৰিছিল। তেওঁলোক
গেলামাল আৰু নৌকা ভাড়া দিয়া ব্যৱসায়ৰ লগতো জড়িত আছিল। নৌকা- ব্যৱসায়ৰ পৰাই
তেওঁলোক মাৰা কালাম আয়িকায়াৰ'
(কাঠৰ নৌকাৰ গুৰিয়াল) নামেৰে পৰিচিত হৈ পৰিছিল। এয়াই শেষলৈ সংক্ষেপে
মাৰকায়াৰ হৈ পৰে। পূৰ্বপুৰুষসকলে তেওঁলোকৰ কাৰণে বহু মাটি-সম্পত্তি এৰি গৈছিল।
কালামৰ দেউতাকেও পূর্বপুৰুষৰ বৃত্তি নৌকা ব্যৱসায়ৰ লগত জড়িত হৈ ভালদৰেই জীৱন
অতিবাহিত কৰি আছিল। কিন্তু ১৯১৪ চনত মূল ভূ-খণ্ডৰপৰা পাম্বানলৈ সেতু
নিৰ্মাণ হোৱাৰ ফলত তেওঁলোকৰ নাৱৰ ব্যৱসায় ক্ষতিগ্রস্ত হয় আৰু সময়ত সকলো
মাটি-সম্পত্তি নোহোৱা হয়। ফলত তেওঁ ধনুষকোড়ি গাঁৱৰপৰা ৰামেশ্বৰমলৈ নাৱেৰে
তীৰ্থযাত্রী অনা-নিয়া কৰিবলৈ লয় আৰু এয়াই শেষলৈ তেওঁৰ জীৱীকাৰ মাধ্যম হৈ পৰে।
দুৰ্ভাগ্যবশতঃ কালামৰ জন্মৰ পাছত পৰিয়ালটো আর্থিকভাবে অধিক দুৰ্বল হৈ পৰে।
পাঁচ গৰাকী বায়েক ককায়েকৰ মাজত কালাম
নুমলীয়া আছিল। বায়েক আজিম জহুৰা পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল। ১৯৯৭ চনত তাইৰ
মৃত্যু হয়। ককায়েক কেইগৰাকীৰ নাম আছিল (১) মহম্মদ মুথু মীৰণ মাৰকায়াৰ। (২)
মোস্তফা কামাল (১৯৯৯) (৩) কাচিম মহম্মদ (১৯৯৫)। মুথু মীৰণ বৰ্তমানেও জীবিত।
ৰামেশ্বৰমস্থিত মছজিদ ষ্ট্ৰীটৰ মাছৰ গোন্ধেৰে ভৰপূৰ সংকৰী গলি (গৃহ ২নং)ৰ এটি ভগা
পঁজাত কালামৰ ককায়েক মুথু মীৰণ মাৰকায়াৰ এতিয়াও সপৰিয়ালে বাস কৰি আছে। কালাম মারকায়াৰ
পৰিয়ালৰ প্ৰথম স্নাতক। তেওঁৰ অন্যান্য ভায়েকসকলে স্কুলৰ দেওনাই পাৰ হ'ব পৰা নাই। কালামৰ ককায়েক মুধু মীৰণৰ
গৰ্ব এয়ে যে, এটি
সামান্য দুখীয়া পৰিয়ালৰপৰা তেওঁৰ ভায়েক থম্বী অপৰিসীম সফলতাৰ শিখৰত আৰোহণ
কৰিবলৈ সক্ষম হৈছে। কালাম অবিবাহিত আছিল আৰু দিন-ৰাতি ওঠৰ ঘণ্টা কামলৈ ব্যস্ত
আছিল। কালামে এবাৰ তেওঁৰ বন্ধুবৰ্গক ঠাট্টা কৰি কৈছিল- 'বর্তমান মোৰ যি উপলব্ধি হৈছে, বিবাহিত হ'লে ইয়াৰ আধাও হয়তো আহৰণ কৰিবলৈ সক্ষম
নহ'লোহেঁতেন।' আটাইতকৈ নুমলীয়া হোৱাৰ কাৰণে কালাম
বায়েক ককায়েকহঁতৰপৰা যথেষ্ট মৰম-চেনেহ পাবলৈ সক্ষম হৈছিল। তেওঁৰ এজন চুবুৰীয়া
এচ, টি, আৰ মণিকম। মণিকমে কালামক ল'ৰালিৰে পৰা জানিছিল। তেওঁ কৈছে যে, কালাম ল'ৰালিৰে পৰা গম্ভীৰ স্বভাৱৰ আৰু অধ্যয়নশীল আছিল। মণিকমৰ এটি
লাইব্ৰেৰী আছিল আৰু লাইব্ৰেৰীটো স্থাপনৰ প্ৰাৰম্ভিক অৱস্থাত কালামে গ্রন্থবিলাক
পঢ়ি লাভবান হৈছিল। কিছু বছৰ আগতে কালামে মণিকমলৈ এখন শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছিল
আৰু তাত লেখিছিল- আপোনাৰ লাইব্ৰেৰীটো যুৱাৱস্থাত মোৰ প্ৰেৰণাৰ উৎস আছিল। মণিকমৰ
কাৰণে এই শুভেচ্ছা পত্ৰখন কোনো প্রমাণ পত্ৰতকৈ কম নাছিল। তেওঁ শুভেচ্ছা পত্ৰখন 'দ্যা উইক' নামৰ ইংৰাজী পত্ৰিকাত প্ৰকাশ কৰিছিল।
কালামৰ আৰু এগৰাকী চুবুৰীয়া ভেকংট সূত্রমণিয়ামে কালামৰ ল'ৰালিৰ দিনবোৰৰ কথা ৰোমন্থন কৰি কৈছে-
কালাম ছাত্ৰাৱস্থাত ৰাতিপুৱা আৰু সন্ধিয়া ঘৰে ঘৰে গে বাতৰি কাকত পৰিৱেশন কৰিছিল
আৰু তেওঁ নিজে এতিয়া বাতৰিৰ শিৰোনাম হৈ পৰিছে।
ৰামেশ্বৰমৰপৰা গুচি অহাৰ পাছতো কালামে
ঘৰ, পৰিয়াল আৰু
বন্ধু-বান্ধৱৰ মোহ ত্যাগ কৰিবপৰা নাছিল। ১৯৯৭ চনত তেওঁক যেতিয়া ভাৰত বত্ন প্রদানৰ
কথা ঘোষণা কৰা হৈছিল তেতিয়া তেওঁ সৰ্বপ্ৰথমে ককায়েক মুথু মীৰণক এই বিষয়ে অৱগত
কৰিছিল আৰু গাঁৱলীয়াসকলৰ মাজত মিঠে বিতৰণৰ কাৰণে টকা পঠাইছিল। নানা অনুসন্ধানমূলক
কামৰ মাজত ব্যস্ত থকাৰ পাছতো তেওঁ ফোন জৰিয়তে পৰিয়ালৰ লগত সঘনে যোগাযোগ কৰিছিল
আৰু প্ৰয়োজনত আর্থিকভাবে সহায়ো কৰিছিল। কিন্তু এয়া খুবেই তাৎপর্যপূর্ণ যে, তেওঁৰ পদমর্যদা আৰু নাম ব্যৱহাৰ কৰি
তেওঁ পৰিয়ালৰ কোনো সদস্যক কেতিয়াও চৰকাৰী চাকৰিত মকৰল কৰাৰ বাবে হেঁচা প্ৰয়োগ
কৰা নাছিল। তেওঁ কৈছিল যে, আল্লাহই
সেইজনক সহায় কৰে যিজনে নিজেই নিজক সহায় কৰে। 'নাছা'ৰ
আমন্ত্ৰণক্ৰমে ১৯৬৩-৬৪ চনত তেওঁ প্ৰথমবাৰৰ কাৰণে বিদেশ ভ্ৰমণলৈ গৈছিল। 'ইন্টিগ্রেটেড গাইডেড মিছাইল
ডেভেলপমেণ্ট আঁচনি'ৰ
দ্বাৰা তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাই
গৈছে। এই আঁচনিৰ অধীনত তেওঁৰ প্ৰচেষ্টাতে হ্রস্ব, মধ্যমীয়া আৰু বেলেষ্টিক ক্ষেপণাস্ত্র নাগ, পৃথ্বী, আকাশ, ত্রিশূল
আৰু অগ্নি উদ্ভাবন কৰি সফলতাৰে পৰীক্ষা সম্পন্ন কৰা হৈছিল। কালাম দলগত ভাৱনাৰ
প্ৰতি খুবেই উদাৰ আছিল। কাৰণ এইবোৰ প্ৰক্ষেপণৰ কৃতিত্ব তেওঁ নিজে নলৈ সহযোগিসকলক
প্ৰদান কৰিছিল। কালাম প্রধানতঃ এগৰাকী অভিযন্তা আছিল যদিও তেওঁৰ কৰ্ম দেশৰ প্ৰতিৰক্ষা সেৱাৰ
ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ আছে। ২০ বছৰীয়া বৈজ্ঞানিক যাত্ৰাত 'অগ্নি'ৰ সফল পৰীক্ষণে তেওঁৰ জীৱনৰ আটাইতকৈ শ্রেষ্ঠ উপলব্ধি। হায়দৰাবাদৰ 'নিজাম ইনষ্টিটিউট অব মেডিকেল চায়েন্সচ
ত প’লিও পীড়িত ল'ৰা-ছোৱালীৰ কাৰণে তেওঁ তেনেই কম ওজনৰ
অৰ্থাৎ ৩ কিলোগ্ৰাম ওজনৰ ঠাইত কার্বন যুক্ত মাথোন ৩০০ গ্রাম ওজনৰ কৃত্ৰিম অংগ
নিৰ্মাণ কৰি প্ৰমাণ কৰি দিছে যে,
পৰমাণু শক্তিৰ সংবাহকে এজন বিকলাংগৰ বেদনাও উপলব্ধি কৰিব পাৰে। তেওঁ
মাথোন বোমা, বাক্কাদ, মিছাইলৰ কল্পনা আৰু যোজনালৈ ব্যস্ত থকা
নাছিল, দিনৰ ১৮ ঘণ্টা
কামত ব্যস্ত থকা এই গৰাকী অসাধারণ ব্যক্তিত্বৰ অধিকাৰীয়ে নিজৰ অৱসৰ সময়ত
কেতিয়াবা ৰুদ্ৰ বীণা বজাই, কেতিয়াবা
আকৌ শাস্ত্রীয় সংগীতৰ সুৰ সৰোবৰত অৱগাহন কৰি নিজৰ আত্মাক তৃপ্তি প্ৰদান কৰিছিল।
নিজৰ কৰ্ম জীৱনৰ আৰম্ভণীত কালামে
অকৃতকার্যতাৰ সোৱাদো হজম কৰিব লগা হৈছিল। কিন্তু ধৈর্য আৰু মানসিক শক্তিৰ বলত তেওঁ
সেই অকৃতকার্যতাৰ ওপৰত বিজয় সারাস্ত কৰিবলৈ সক্ষম হৈছিল। উৰাজাহাজ উৰুৱাটো তেওঁৰ
জীৱনৰ সপোন আছিল। ইয়াক কার্যত পৰিণত কৰাৰ কাৰণে তেওঁৰ ওচৰত দুটা বিকল্প আছিল।
প্ৰথমটো বিকল্প আছিল প্ৰতিৰক্ষা মন্ত্রণালয়ৰ 'ডায়ৰেক্টৰেট অৱ ডেভেলপ্মেণ্ট এণ্ড প্রোডাকশন'ত কৰ্মৰত হোৱা আৰু দ্বিতীয়টো বিকল্প
আছিল ভাৰতীয় বায়ু সেনাত প্ৰৱেশ। “হিন্দুস্থান
এর 'নটিক্স লিমিটেড 'ৰপৰা ইঞ্জিনিয়াৰিঙত প্রশিক্ষণ লোৱাৰ
পাছত তেওঁ এই দুটা বিভাগতে আবেদন কৰে। উভয় বিভাগৰপৰা সাক্ষাৎকাৰৰ কাৰণে আমন্ত্রণো
আহে। প্রথমে তেওঁ দিল্লীৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ 'ডায়ৰেক্টৰেট অৱ ডেভেলপমেন্ট এন্ড প্রোডাক্সচন'ত সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। তাৰ পাছত
তেওঁ ভাৰতীয় বায়ু সেনাৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে দেহৰাদুনলৈ আহে। ভাৰতীয়
বায়ু সেনাত প্ৰৱেশৰ বাবে সংশ্লিষ্ট বিষয়ৰ ওপৰত অভিজ্ঞতা থকাৰ উপৰিও শাৰীৰিক
দক্ষতা আৰু ব্যক্তিত্বৰ অধিকাৰী হোৱাটোও জৰুৰী। ২৫ গৰাকী প্ৰত্যাশীৰ তালিকাত তেওঁ
নৱম স্থানত আছিল। প্রথম আঠ গৰাকী প্রত্যাশীক নিৰ্বাচন কৰা হ'ল। ফলত কালামৰ উৰাজাহাজ উৰুৱাৰ সপোন
সপোন হৈয়ে ব'ল।
এই ঘটনাত তেওঁ খুবেই নিৰাশ হয় আৰু হৃষিকেশলৈ গৈ গংগা স্নান কৰি স্বামী শিৱানন্দৰ
লগত সাক্ষাৎ কৰি মনৰ বেদনা ব্যক্ত কৰে। স্বামীজীয়ে কয় যে, ভাগ্যত যি লিখা আছে তাক স্বীকাৰ কৰি
লোৱা। ভগবানৰ ইচ্ছা বুলি ধৰি লৈ ভৱিষ্যতৰ ফালে চোৱা, হয়তো তোমাৰ অস্তিত্বৰ উদ্দেশ্য আন কিবাহে।
স্বামীজীৰ এই ভৱিষ্যত বাণী সঠিক
প্রমাণিত হ'ল।
দিল্লীলৈ উভতি অহাৰ পাছত ১৯৫৮ চনত তেওঁ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ ‘ডায়রেক্টবেট অৱ টেকনিকেল ডেভেলপমেন্ট
এণ্ড প্রোডাক্টচনত নিযুক্তি পালে আৰু ২৫০ টকা দৰমহাত সহযোগি জ্যেষ্ঠ বৈজ্ঞানিক
হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিলে। কৰ্মজীৱনৰ আৰম্ভণীত তেওঁ অচল হৈ পৰি থকা
ভালেকেইখন বিমানৰ ইঞ্জিন আৰু বিমানৰ কিছুমান দোষ-ত্রুটি আঁতৰ কৰাৰ লগতে 'হ'ভাবক্রাফ্ট' আৱিষ্কাৰ
কৰে। এই সময়চোৱাতে তেওঁ তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্রী এম, ভি, কৃষ্ণমেননৰ লগত পোনপ্ৰথমবাৰৰ বাবে আকাশমাৰ্গলৈ উৰা মাৰিছিল। ইয়াৰ
পাছত তেওঁ উভতি চাব লগা হোৱা নাছিল। নিজৰ অভিজ্ঞতা, সফলতা আৰু প্ৰশংসাৰ মাজেদি ভাগ্যই তেওঁক ভাৰতৰ দৰে এখন মহান দেশৰ
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিছিল।
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত
কালামে আকাশ বাণী আৰু দূৰদৰ্শন যোগে ৰাষ্ট্ৰক সম্বোধন কৰে। তেওঁৰ দহ মিনিটৰ ভাষণত
তেওঁ সীমান্তত সৃষ্টি হোৱা সন্ত্রাসবাদ আৰু দেশৰ দ্রুত উন্নয়নৰ বাবে সামৰিক আৰু
অর্থনৈতিক আত্মনির্ভরশীলতাৰ ওপৰত গুৰুত্বারোপ কৰে। দেশৰপৰা দৰিদ্ৰতা আৰু নিৱনুৱা
সমস্যা দূৰীকৰণৰ বাবে দেশৰ দ্রুত উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক প্ৰতিজন
ভাৰতীয়ই অগ্ৰাধিকাৰৰূপে গণ্য কৰিবলৈ আহ্বান জনায়। তেওঁ তেওঁৰ ভাষণত ক্ষুদ্ৰ
লক্ষ্য এক অপৰাধ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তৰুণ প্ৰজন্মক উদ্দেশ্য কৰি তেওঁ
কয়- “তরুণসকল যদিহে
আন্তৰিকতাৰে ভাৰতৰ গীত গাবলৈ আগবাঢ়ি আহে তেনেহ'লে ভাৰত নিশ্চিতভাবে এখন উন্নতশীল ৰাষ্ট্ৰলৈ উন্নীত হ'ব- য'ত দৰিদ্ৰতা, নিৰক্ষৰতা
আৰু নিবনুৱা সমস্যা নাথাকিব; এয়া
অর্থনৈতিক উন্নয়ন, বাষ্ট্ৰীয়
নিরাপত্তা আৰু আভ্যন্তৰীণ ঐক্যব সপোন হ'ব।
কিন্তু আচৰিত কথা এয়ে যে, ৰাষ্ট্ৰপতি পদ প্রত্যাশী হোৱাৰ পাছতো
কালামৰ নিজস্ব টিভি চেট নাছিল; কিন্তু
তেওঁ নিজে টেলিভিছনৰ খবৰ হৈ পৰিছিল। তেওঁৰ ট্ৰেড মাৰ্ক আছিল কান্ধলৈকে বৈ পৰা 'চিলভাৰ গ্ৰো চুলিৰ ষ্টাইল। ভাগ্যই যাক
যেনেকুৱা ভূমিকা পালনৰ কাৰণে নিৰ্দ্ধাৰিত কৰি থৈছে, তেওঁ তেনেকুৱা ভূমিকাই পালন কৰিব। কালামৰ ক্ষেত্ৰত এই কথা খুবেই
প্রযোজ্য। কাৰণ তেওঁ বায়ু সেনাত নিযুক্তি পালে হয়তো তেওঁৰ জীৱনৰ গতি পথ অন্য
ফালে ঢাল খালেহেঁতেন। ৰাষ্ট্ৰপতি পদে অপেক্ষা কৰি থকাৰ কাৰণেই হয়তো ভাগ্যই তেওঁক
বায়ু সেনাৰ পৰিৱৰ্ত্তে প্রতিরক্ষা মন্ত্রণালয়লৈ ঠেলি পঠাইছিল। সৰ্বেপল্লী
ৰাধাকৃষ্ণনৰ পাছত কালামে একমাত্ৰ সঁচা বুদ্ধিজীৱী ৰাষ্ট্ৰপতি হিচাপে স্বীকৃত।
কালামৰ তেজত সপোন আছিল আৰু সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে তেওঁ কঠোৰ অধ্যৱসায়
কৰিছিল। তেওঁ ভাৰতক বিশ্বৰ স্পেচ ক্লাৱত অন্তৰ্ভূক্ত কৰা একমাত্র ব্যক্তি।
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ ৰাষ্ট্ৰক সম্বোধন কৰি কৈছিল- 'দহ লাখ মানুহৰ ৰাষ্ট্ৰৰ দৰে নহয়, আমি এক নিযুত মানুহৰ ৰাষ্ট্ৰৰ দৰে
চিন্তা আৰু কাৰ্য কৰা উচিত। সপোন সপোন সপোন! এই সপোনক চিন্তাত আৰু চিন্তাক বাস্তৱত
ৰূপায়ন কৰোঁ আহক।' কালামৰ
এই বাণীয়ে ভাৰতৰ মানুহক যুগ যুগলৈ প্ৰেৰণা যোগাই থাকিব। কালাম আছিল খাঁটি
ভাৰতীয়। বিজ্ঞানৰ ক্ষেত্ৰত ইমান সফলতা অৰ্জন কৰাৰ পাছতো তেওঁ নম্ৰতা আৰু মানৱতা
বিসর্জন দিয়া নাছিল। প্ৰতিৰক্ষা বিজ্ঞানৰ ক্ষেত্ৰত অভূতপূর্ব সফলতা আৰু ভাৰতৰ
সৰ্বোচ্চ অলংকাৰ ভাৰত ৰত্ন প্ৰাপ্তিৰ পাছতো তেওঁ সৰল স্বভাৱ ত্যাগ কৰা নাছিল।
ক্ষেপণাস্ত্র উদ্যোগৰ পিতৃ কালাম মৃত্যুৰ আগলৈকে এজন খাঁটি ভাৰতীয়ৰ দৰে ব্যৱহাৰ
কৰি গৈছে। পৰিয়ালৰ প্ৰতি তেওঁ খুবেই সংবেদনশীল আছিল। ৰামেশ্বৰমত বাস কৰা ককায়েকক
তেওঁ কেতিয়াও পাহৰা নাছিল। ১৯৩১ চনৰ ১৫ অক্টোবৰত জন্ম লাভ কৰা কালাম ৰামেশ্বৰমৰ
ছামিয়া (সীমাপুৰ) বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল আৰু পাছত ৰমানাথপুৰ চহৰৰ
শাৱাৰ্টজ স্কুললৈ গুচি গৈছিল। কিন্তু ৰাষ্ট্ৰপতিৰ দৰে সুমহান পদত অধিষ্ঠিত হোৱাৰ
পাছতো তেওঁ ল’বালি
দিনৰ এইবোৰ কথা পাহৰা নাছিল।
কালামৰ জীৱন আশ্চর্যজনকতো অৱশ্যেই
তেওঁৰ ব্যক্তিত্বও কম আশ্চর্যজনক নহয়। তেওঁক ভাৰতীয়তাৰ প্ৰতিমূৰ্ত্তি হিচাপে
গণ্য কৰা " হয়। ভাৰতীয় সংস্কৃতিৰ যিমান আদর্শনীয় গুণ আছে, সেইবোৰ সকলো গুণ তেওঁৰ মাজত বিদ্যমান।
তেওঁ সৰলমনা, বিদ্যানুরাগী
আছিল আৰু তেওঁৰ স্বভাৱ আছিল ঋষিৱত। ভাৰতবৰ্ষৰ ইতিহাসত মহাত্মা গান্ধীৰ বাহিৰে
হয়তো এনে এজন দ্বিতীয় ব্যক্তি নাই যাৰ লগত তেওঁক তুলনা কৰা যাব পাৰে।তেওঁৰ মাজত
একেলগে বহুতো মহানতা বিদ্যমান আছিল। তেওঁ শূন্যৰ পৰা শিখৰলৈকে আৰোহণ কৰিছিল। তেওঁৰ
জীৱন গাঁথা এক যাদুৰ দৰে, যি
জীৱনগাঁথাৰ আদিপাঠ আজিৰপৰা আঠোটা দহক আগতে তামিলনাডুৰ দক্ষিণ-পশ্চিম উপকূলীয়
ক্ষেত্ৰত অৱস্থিত ৰামেশ্বৰৰ্মৰ ধনুষকোটিত আৰম্ভ হৈছিল। কালামৰ ল'ৰালি অৱস্থাত ভাৰতৰ স্বাধীনতা সংগ্রাম
খুবেই শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছিল আৰু স্বাধীনতা সংগ্ৰামৰ খবৰবোৰ জনগণৰ মাজত
প্ৰচাৰ কৰাত বাতৰি কাকতে খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফলত তেতিয়া
বাতৰি কাকত বহু মানুহৰ জীৱীকাৰ মাধ্যম হৈ পৰিছিল।
বাতৰি কাকত পৰিৱেশন কৰি জীৱীকা অৰ্জন
কৰা ব্যক্তিসকলৰ মাজত কালামৰ দেউতাক জয়নুল আন্দিন চাহাবো এজন আছিল। কালামৰ
পূৰ্বপুৰুষসকল নাৱেৰে যাত্ৰী অনা-নিয়া কৰা ব্যৱসায়ৰ লগত জড়িত থকাৰ ফলস্বৰূপে
জয়নুল আব্দিনো উক্ত ব্যৱসায়ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিছিল; কিন্তু হঠাৎ বাতৰি কাকতৰ বিক্ৰী বুদ্ধি
পোৱাত তেওঁ পৈতৃক বৃত্তি এৰি বাতৰি কাকতৰ হকাৰ হৈ পৰে। তেওঁ ৰামেশ্বৰমত ঘুৰি-পকি
বাতৰি কাকত বিক্ৰী কৰিছিল আৰু বাতৰি কাকত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ কোনোমতে
পৰিয়ালটো পোহপাল দিছিল। এই গৰাকী জয়নুল আন্দিনৰ ঘৰৰ ল'ৰাই ভাৰতৰ দৰে এখন জনবহুল তথা মহান
দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰি ভাৰতবৰ্ষক এক নতুন সপোন দেখুৱাই ২০১৫ চনৰ ২৭ জুলাইত
চিলঙৰ "The Indian
Institute of Management ত 'Creating a Livable Planet Earth' ৰ ওপৰত ভাষণ
প্রদান কবি থকা অৱস্থাত সন্ধিয়া প্রায় ৬.৩৫ মান বজাত মঞ্চৰ ওপৰত ঢলি পৰে আৰু
তেওঁক ততাতৈয়াকৈ চিলঙৰ বেথানি হাস্পতাললৈ নিয়া হয়। তাত তেওঁক ৭.৪৫ বজাত মৃত
ঘোষণা কৰা হয়। তেওঁৰ মৃত্যুত জাতি-ধর্ম নির্বিশেষে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলো শোকত ম্রিয়মান
হৈ পৰিছিল।
পৰিয়ালৰ পৃষ্ঠভূমি আৰু শিক্ষাজীৱন
কালামৰ ব্যক্তিত্ব যিদৰে লোকগাঁথাৰ দৰে
আছিল তেওঁৰ পাৰিবাৰিক পৃষ্ঠভূমিও সেইদৰে কোনো কল্প কাহিনীতকৈ কম নাছিল। উদাহৰণ
স্বৰূপে, তেওঁৰ পৰিয়ালটো
ইছলাম ধৰ্মাৱলম্বী হোৱা স্বত্ত্বেও বামেশ্বৰমৰ প্ৰসিদ্ধ শিৱমন্দিৰৰ লগত নিকট
সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কথিত আছে যে, এবাৰ মন্দিৰৰ পৰিসৰত থকা প্ৰসিদ্ধ শিৱ মূৰ্ত্তিটো গভীৰ জলাশয়ত বাগৰি
পৰিছিল। তেতিয়া কালামৰ পৰিয়ালৰ কোনোবা এজন সদস্যই ডুব মাৰি মূৰ্ত্তিটো
জলাশয়ৰপৰা তুলি আনিছিল । ৰামেশ্বৰম মন্দিৰত মকৰ সংক্ৰান্তি উপলক্ষে অনুষ্ঠিত পূজা
অনুষ্ঠান সম্পন্ন কৰাৰ পাছত তেৰ গৰাকী ব্ৰাহ্মণক সৰ্বপ্ৰথমে শিৱপ্ৰসাদ দিয়া হৈছিল
আৰু এই কামৰ কৃতজ্ঞতা স্বৰূপে বহু বছৰলৈকে এই তেৰ গৰাকী ব্ৰাহ্মণৰ লগত এজন
অব্রাহ্মণ অর্থাৎ কালাম চাহাবৰ এজন পূৰ্বপুৰুষকো প্ৰসাদ দিয়া হৈছিল। অৱশ্যে এই
পৰম্পৰা সম্প্রতি নাই; কিন্তু
এই পাৰিবাৰিক পৰম্পৰাৰ প্ৰভাৱ ড০ কালামৰ ব্যক্তিত্বৰ ওপৰত বাৰুকৈয়ে পৰিছিল।
ৰামলীলাত ব্যৱহাৰ কৰা মন্ত্রবাণ দেখিয়ে তেওঁ সৰ্বপ্ৰথমে ৰকেটৰ কল্পনা কৰিছিল। এই
ৰকেটক দক্ষিণ ভাৰতত প্ৰক্ষেপক বুলি কোৱা হয়। মাথোন এয়াই নহয়, হিন্দু মাইথ'লজিৰ প্ৰতিও তেওঁৰ বিশেষ দুৰ্বলতা আছিল
আৰু এই বিষয়ে তেওঁৰ প্ৰচুৰ জ্ঞান আছিল। কাৰণ জীৱিত কালত তেওঁ তেওঁৰ কথা-বতৰাত
হিন্দু মাইথ 'লজিৰ
লগত জড়িত যিমান প্রতীক ব্যৱহাৰ কৰি গৈছে, ইমান প্রতীকৰ ব্যৱহাৰ হয়তো কোনো গোড়া হিন্দুৱেও কৰা নাই। মিছাইল
শব্দটো হিন্দু পুৰাণত ব্যৱহাৰ কৰা অস্ত্ৰ শব্দৰে ৰূপান্তৰহে মাথোন বুলি তেওঁ
মনে-প্রাণে বিশ্বাস কৰিছিল। এবাৰ ইংল্যাণ্ডৰ 'দি টেলিগ্রাফ' কাকতৰ
সৈনিক সংবাদদাতা মেথিউ জর্জে এই বিষয়লৈ প্ৰায় এঘণ্টা সময় কালামৰ লগত তৰ্ক
কৰিছিল। মেথিউ জর্জে পতিয়ন নিয়াবলৈ যত্ন কৰিছিল যে, মিছাইল প্রযুক্তি প্ৰকৃততে পশ্চিমীয়া
বিজ্ঞানৰ দান; কিন্তু
কালামে এই কথা মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ কৈ আছিল যে, মিছাইল দৰাচলতে হিন্দু পুৰাণত ব্যৱহাৰ
কৰা অস্ত্ৰ শব্দৰে আধুনিক ৰূপহে মাথোন। এই কথাৰপৰা তেওঁৰ আত্মসন্মানবোধ আৰু
অকৃত্রিম দেশপ্ৰেমৰ পৰিচয় পোৱা যায়।
কালামৰ বন্ধু-বান্ধৱে ঠাট্টাৰ চলত
তেওঁক দুশ শতাংশ হিন্দুস্থানী বুলি কৈছিল। এই কথাৰ মাজত কিছু মৰম মিহলি ঠাট্টাৰ
সুৰ প্ৰচ্ছন্ন হৈ আছিল যদিও কালামৰ ব্যক্তিত্বলৈ চাই এই কথাষাৰ তেওঁৰ সম্পূৰ্ণ
ব্যক্তিত্বৰ প্ৰতিচ্ছবি আছিল যেন লাগে। কালামৰ জীৱনৰ সম্পূৰ্ণ শিক্ষা- দীক্ষা
তেওঁৰ গৃহৰাজ্য তামিলনাডুতে সম্পন্ন হৈছিল। অধ্যয়নৰ কাৰণে অথবা কৰ্মক্ষেত্ৰত ওখ
জাঁপ মাৰাৰ কাৰণে তেওঁ কেতিয়াও বিদেশলৈ যোৱা নাছিল। যিসকলে পশ্চিমীয়া
শিক্ষা-দীক্ষাক জ্ঞানৰ আধাৰ বুলি ভাবে আৰু পশ্চিমীয়া পৰিৱেশক প্রশংসা কৰে
তেওঁলোকৰ মুখত কালামৰ এয়া একপ্ৰকাৰ থাপৰ আছিল বুলি ক'ব পাৰি।
প্রাথমিক শিক্ষা সমাপ্ত কৰাৰ পাছত
কালামে নিজৰ ঘৰ এৰিব লগা হয়। কিয়নো তেতিয়া ৰামেশ্বৰমত হায়াৰ ছেকেণ্ডাৰী
শিক্ষাৰ কাৰণে কোনো শিক্ষানুষ্ঠান নাছিল। সেয়ে তেওঁ অধ্যয়নৰ কাৰণে ৰামনাথপুৰমলৈ
যাব লগা হয়। তাত তেওঁ স্কোৱাৰ্টজ মেছিনাৰী হাইস্কুলৰপৰা হায়াৰ ছেকেণ্ডাৰী
পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। হায়াৰ ছেকেণ্ডাৰীলৈকে অধ্যয়ন যেনে তেনে
সম্পন্ন কৰাৰ পাছত পৰৱৰ্ত্তী পৰ্যায়ৰ অধ্যয়নৰ কাৰণে তেওঁৰ পৰিয়ালৰ ওচৰত কোনো
আর্থিক সংস্থান নাছিল। সেয়ে কালামৰ ককাকে, যি গৰাকীক কালামে আব্বু বুলি মাতিছিল, এক উপায় উলিয়ালে। তেওঁ ঘৰত পৰি থকা কিছুমান তক্তা উলিয়াই এটি সৰু
নৌকা নিৰ্মাণ কৰি উলিয়ালে। নৌকাটোক তেওঁ ভাড়াত খটুৱাবলৈ ধৰিলে আৰু ইয়াৰপৰা পোৱা
টকাৰে তেওঁ কালামৰ পঢ়াৰ খৰচ উলিয়াবলৈ ধৰিলে। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ
পাছত বন্ধ হ'বলৈ
উপক্ৰম হোৱা অধ্যয়ন ককাকৰ প্ৰচেষ্টাতে পুনৰ এক আধাৰ পালে আৰু কালামে অধ্যয়ন
অব্যাহত ৰাখিলে।
অধ্যয়নৰ কাৰণে কালাম ত্ৰিচুৰাপল্লীলৈ
আহিল আৰু তাত তেওঁ ছেণ্ট জোছেফ কলেজত নাম ভৰ্ত্তি কৰিলে। বন্ধৰ সময়ত কালাম অন্যান্য
ছাত্ৰৰ দৰে ঘৰলৈ গৈছিল আৰু দেউতাকৰ কামত সহযোগ কৰিছিল। এদিন তেওঁ দেউতাকৰ লগত
বাতৰি কাকত বাচি থাকোঁতে ইংৰাজী দৈনিক বাতৰি কাকত 'দি হিন্দুত প্রকাশিত এটি লেখাৰ ওপৰত তেওঁৰ চকু পৰিল। লেখাটোৰ শীৰ্ষক
আছিল 'স্পীড ফায়াৰ' অর্থাৎ মন্ত্রবাণ। দৰাচলতে এয়া
প্ৰাচীন ভাৰতীয় অস্ত্ৰৰ নাম আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্র বাহিনীয়ে
ইয়াক ব্যৱহাৰ কৰিছিল। বাস্তৱত সেয়া আগ্নেয়াস্ত্র মিছাইলহে আছিল। প্ৰৱন্ধটো পঢ়ি
কালাম উত্তেজিত হৈ উঠিল আৰু তেওঁ মনে মনে ভাবিবলৈ ধৰিলে, যদি ভাৰতৰ ওচৰতো এনেকুৱা অস্ত্ৰ
থাকিলহেঁতেন! পাছৰ পৰ্যায়ত তেওঁৰ জীৱনৰ সফলতাৰ কাহিনী এই সপোনৰে বিস্তাৰহে আছিল
মাথোন।
১৯৫৪ চনত পদার্থ বিজ্ঞানত প্ৰথম
শ্ৰেণীত বিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত পৰৱৰ্ত্তী অধ্যয়ন অব্যাহত ৰখাৰ
কাৰণে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দেখা দিয়াৰ দৰেই পুনৰ
আৰ্থিক সংকটে দেখা দিলে। আর্থিক প্রতিকূলতাক প্ৰত্যাহ্বান জনাই কালাম ১৯৫৫ চনত
মাদ্ৰাজৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিঙত ভৰ্ত্তি হ'ল আৰু এইবাৰ অধ্যয়ন অব্যাহত ৰখাৰ দায়িত্ব তেওঁ নিজেই ল'লে। ইয়াৰ বাবে তেওঁ মাথোন টিউচনৰ
ওপৰতে নিৰ্ভৰ কৰি নাথাকি তেতিয়া মাদ্ৰাজৰপৰা প্ৰকাশিত ইংৰাজী দৈনিক 'হিন্দু' নামৰ কাকতত মাজে সময়ে বিজ্ঞান বিষয়ক কিছু লেখাৰ লগতে ফিচাৰ লেখিবলৈ
ধৰিলে। এইদৰেই তেওঁ আর্থিক প্রতিকূলতাক নেওচি এৰ'নটিক ইঞ্জিনিয়াৰিঙত প্ৰথম শ্ৰেণীত ডিপ্লমা লাভ কৰিলে। সম্ভৱতঃ বহু
মানুহে নাজানে যে, কালামে
পিএইচডি কৰা নাই। তেওঁৰ নামৰ পাছত যি ডক্টৰ পদবী লেখা হয় সেয়া দেশ-বিদেশৰ
বিভিন্ন বিশ্ববিদ্যালয়ৰপৰা প্ৰদান কৰা মান্যতা উপাধিহে মাথোন।
অধ্যয়ন সমাপ্ত কৰাৰ পাছত কেৰিয়াৰ
আৰম্ভ কৰিবলৈ গৈ কালাম দোধোৰ-মোধোৰত পৰিল। কিয়নো তেতিয়া ইউৰোপ আৰু আমেৰিকাত
বৈমানিক ছাত্ৰৰ খুবেই চাহিদা আছিল আৰু লগতে দৰমহাও ইমানেই অধিক পোৱা গৈছিল যে, যি ভাৰতীয় মানুহৰ কাৰণে কল্পনাবো
অগোচৰ আছিল। কালাম চাহাবে নিজৰ আত্মকথা 'মাই জার্নি'ত
লেখিছে- 'জীৱনৰ সেইবোৰ
দিন খুবেই অস্থিবতাপূর্ণ আছিল। এফালে বিদেশত আড়ম্বৰপূৰ্ণ জীৱন আৰু আনফালে দেশ
সেৱা ল'ৰালিৰ সপোন
বাস্তৱায়িত কৰাৰ সুযোগ। সিদ্ধান্ত কৰা কঠিন হৈ পৰিছিল যে, আদৰ্শৰ বাটত আগবঢ়িম, নে বিদেশলৈ গৈ বিত্তশালী হ’ম! শেষত মই সিদ্ধান্ত ল'লো, বিদেশলৈ নাযাও আৰু কেৰিয়াৰলৈ আক্ষেপ নকৰি দেশৰ সেৱাতে জীৱন অতিবাহিত
কৰিম। এইদৰে ১৯৫৮ চনত মই ডি, আব, ডি, ও (ডিফেন্স বিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেশন)ব লগত জড়িত হৈ
পৰিলো।'
কালামৰ কৰ্মজীৱন
কালামৰ প্ৰথম নিযুক্তি হায়দৰাবাদৰ ডি, আৰ, ডি, ও
কেন্দ্ৰত হৈছিল। তেওঁ তাত পাঁচ বছৰকাল গুৰুত্বপূৰ্ণ গৱেষণাত সহায়ক হিচাপে
কাৰ্যনিৰ্বাহ কৰে। সেই সময়ত চীনে ভাৰত আক্ৰমণ কৰে। ১৯৬২ চনৰ এই যুদ্ধত ভাৰতৰ
শোচনীয় পৰাজয় হয়। যুদ্ধৰ অব্যবহতি কাল পাছতে সিদ্ধান্ত লোৱা হয় যে, দেশৰ সামৰিক শক্তিক নতুন
অস্ত্র-শস্ত্ৰৰে সুসজ্জিত কৰা হ'ব।
ফলত বহুতো যোজনা প্ৰস্তুত কৰা হ'ল
আৰু সেইবোৰ যোজনাৰ জনক আছিল কালাম। কিন্তু ১৯৬৩ চনত তেওঁক হায়দাবাদৰপৰা
ত্ৰিবান্দ্ৰমৰ 'বিক্ৰম
চাৰাভাই স্পেচ বিচাৰ্চ চেণ্টাৰ লৈ বদলি কৰা হয়। এই চেণ্টাৰটো ইচৰো (ইণ্ডিয়ান
স্পেচ ৰিচাৰ্চ অর্গেনাইজেশন)ৰ সহযোগি সংস্থা আছিল। কালামে ১৯৮০ লৈকে এই সংস্থাত
কাৰ্যনিৰ্বাহ কৰে। এই দীঘলীয়া কাৰ্যকালত তেওঁ অন্তৰীক্ষ বিজ্ঞানৰ ক্ষেত্ৰত দেশক
এক গুৰুত্বপূৰ্ণ পৰ্যায়লৈ উন্নীত কৰে। তেওঁৰ নেতৃত্বতে ভাৰত কৃত্ৰিম উপগ্ৰহৰ
ক্ষেত্ৰত বিশ্বৰ প্ৰথম শাৰীৰ দেশৰ মৰ্যদা লাভ কৰে। ড০ কালাম এচএলবি-৩ পৰিযোজনাৰ
নিৰ্দেশক আছিল। ১৯৭৯ চনত এচএলবি-৩ ৰ পৰীক্ষামূলক প্ৰক্ষেপন কৰা হয়; কিন্তু দুর্ভাগ্যবশতঃ সেই প্রচেষ্টা
বিফল হয়। কালামে সেই বিফলতাৰ দায়িত্ব আন কাৰো ওপৰত ন্যস্ত নকৰি সম্পূৰ্ণ
দায়িত্ব নিজেই মূৰ পাতি লৈছিল। ৪৪ বছৰীয়া কাৰ্যকালত তেওঁ মাথোন এষাৰ কথাই কৈছিল-
'ভিজন, মিছন এণ্ড গোল'। অর্থাৎ দৃষ্টিকোণ, উদ্দেশ্য আৰু লক্ষ্য। এয়াই আছিল কালামৰ জীৱনৰ মূলমন্ত্র।
১৯৮০ চনত তদানীন্তন প্ৰধান মন্ত্ৰী
ইন্দিৰা গান্ধীয়ে মিছাইলৰ বিকাশৰ কাৰণে এক বিস্তৃত কাৰ্যসূচী প্রস্তুত কৰে। ইয়াক
'সমন্বিত
নিয়ন্ত্রিত প্রক্ষেপণাস্ত্র বিকাশ কার্যক্রম (Integrated guided missile
development programme) হিচাপে
জনা যায়। এই কাৰ্যক্ৰমৰ মূৰব্বী হিচাপে সতীশ ধারনক দায়িত্বভাৰ অৰ্পণ কৰা হয়।
সতীশ ধারনে এই কার্যক্রমৰ দায়িত্বভাৰ ন্যস্ত কৰিবলৈ গৈ দোধোৰ-মোধোৰত পৰে। কে'বা দিনলৈ তেওঁ ভাবি থাকে, যে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ
কাৰ্যক্ৰমৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত করা যায়। অৱশেষত তেওঁ ৬০ কালামক মাতি আনিলে
আৰু দেশৰ এই মহত্বাকাংক্ষী মিছাইল পৰিযোজনাৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত
কৰিলে। এই দায়িত্বভাব গ্ৰহণ কৰাৰ পাছত কালামৰ জীৱনৰ গতিপথ সলনি হৈ গ'ল। জীৱনৰ সিংহভাগ সময় তেওঁ অন্তৰীক্ষ
অনুসন্ধান কার্যতে ব্যয় কৰিবলৈ ধৰিলে। এই অন্তৰীক্ষ অনুসন্ধানৰ সমান্তৰালভাবে
তেওঁ গুৰুত্বপূৰ্ণ পৰমাণু ক্ষেত্ৰতো কাম কৰিবলৈ ধৰিলে; কিন্তু এই মিছাইল কাৰ্যক্ৰমত তেওঁ
এনেকুৱা কিছুমান সফলতা অর্জন কৰিলে যে মিছাইল আৰু কালাম পৰস্পৰে পৰস্পৰৰ পৰিপূৰক
হৈ পৰিল। বন্ধুবৰ্গই ৬০ কালামক ঠাট্টাৰ চলতে 'মিছাইল মেন' বুলি
সম্বোধন কৰিছিল। কিন্তু ঠাট্টাৰ চলত কোৱা এই কথাষাৰ কালামৰ ক্ষেত্ৰত সম্পূর্ণভাবে
প্রযোজ্য আছিল। কাৰণ কালামক বিশ্বৰ দহগৰাকী সৰ্বশ্ৰেষ্ঠ মিছাইল বিজ্ঞানীৰ এগৰাকী
হিচাপে গণ্য কৰা হয়। মিছাইলৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিভা বিশ্ববিশ্রুত। ইয়াক এটা
উদাহৰণৰদ্বাৰা বুজাব পৰা যাব পাৰে আমেৰিকাৰ অনুসন্ধান এজেঞ্চীৰ চি আই. এৰ প্ৰধান
উইলিয়াম ৱেবচ্টৰে আমেৰিকাৰ সংসদীয় সমিতিৰ সন্মুখত ৰহস্য উদ্ঘাটন কৰি কৈছিল যে, অগ্নিৰ সফল প্ৰক্ষেপক ড০ কালাম আই চি
বি এম অর্থাৎ অন্তৰ মহাদ্বীপীয় ক্ষেপণাস্ত্র নিক্ষেপ কৰিবলৈও সক্ষম। তেওঁ সংসদীয়
সমিতিক ভালৰি বোলাবলৈ ইয়াকো কৈছিল যে, কালামে মধ্যম দূৰত্বৰ মিছাইল অগ্নিব মূল প্রযুক্তি আমেৰিকাত প্ৰবাসৰ
সময়ত প্ৰাপ্ত হৈছে। নক'লেও
হ'ব যে, কালাম তেওঁৰ জীৱনকালত মাথোন এবাৰৰ
কাৰণে আমেৰিকালৈ গৈছিল, সেয়াও
এক বিশেষ অধ্যয়নৰ কাৰণে মাথোন চৰিমাহৰ বাবে। গতিকে উইলিয়াম ৱেবচ্টৰে কোৱা
কথাষাৰ অপবাদৰ বাহিৰে আন একো নাছিল। কাৰণ কালামে মিছাইলৰ ক্ষেত্ৰত যি প্ৰযুক্তি
প্ৰয়োগ কৰিছিল সেয়া তেওঁৰ অধ্যৱসায় আৰু ভাৰতীয় প্ৰযুক্তিৰে ফচল আছিল।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পাছত আবুল
কালাম দেশৰ এনেকুৱা এগৰাকী ৰাষ্ট্ৰপতি, যিগৰাকীৰ ৰাজনীতিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাছিল। একেদৰে ১৯৫৪ চনত ড০
চি ভি ৰমন আৰু ১৯৬১ চনত ডাঃ বিধান চন্দ্ৰ ৰায়ৰ পাছত ড০ কালাম তৃতীয় গৰাকী
বৈজ্ঞানিক আছিল যিগৰাকীক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে। ড০
সৰ্বপল্লী ৰাধাকৃষ্ণন (১৯৫৪) আৰু জাকিৰ হুছেইন(১৯৫৩)ৰ পাছতে ড০ কালামক ৰাষ্ট্ৰপতি
পদত অধিষ্ঠিত হোৱাৰ আগতে ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। তেওঁ প্রথম
অবিবাহিত ৰাষ্ট্ৰপতি আছিল। ভাৰত ৰত্নৰ লগতে 'নেচনেল ডিজাইন এৱাৰ্ড (১৯৮০), পদ্ম ভূষণ (১৯৮১),
'এয়ৰ নটিকেল ছোছাইটি অৱ ইণ্ডিয়া'ৰ ফালৰ পৰা বীৰেণ ৰায় স্পেচ এৱাৰ্ড (১৯৮৬), পদ্ম বিভূষণ (১৯৯০), মধ্য প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা
ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ যোগদানৰ কাৰণে ৰাষ্ট্ৰীয় নেহৰু
পুৰস্কাৰ (১৯৯০)ৰ জৰিয়তেও অলংকৃত কৰা হৈছিল ৬০ কালামক। জীৱন কালতে ড০ কালাম
কিংবদন্তিৰ দৰে হৈ পৰিছিল। ড০ কালামৰ সমগ্ৰ জীৱন সফলতাৰ কাহিনীৰে ভৰা; কিন্তু শূন্যৰ পৰা শিখৰলৈ আৰোহণ কৰা
পাছতো তেওঁ অহংকাৰৰ পৰা সম্পূর্ণভাবে মুক্ত আছিল। তেওঁ বহুতো বিয়াগোম বিয়াগোম পদ
অলংকৃত কৰি গৈছে। কে'বা
গৰাকী প্ৰধান মন্ত্ৰীৰ জ্যেষ্ঠ বৈজ্ঞানিক পৰামৰ্শ দাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰি
গৈছে, কিন্তু তেওঁ
কেতিয়াও ডাঙৰ বঙলা, বিলাসী
গাড়ী, ঢাক-বাকৰৰ আশা
কৰা নাছিল। প্রধান মন্ত্ৰীৰ পৰামৰ্শ দাতা হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ সময়তো তেওঁ
দুটা কোঠালিৰ সাধাৰণ ঘৰত বাস কৰি গৈছে।
ভূমিৰপৰা ভূমিলৈ নিক্ষেপ কৰিবপৰা অগ্নি
ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণৰ পাছত ভাৰত বিকশিত দেশৰ শাৰীত থিয় হ'বলৈ সক্ষম হৈছে। ড০ কালাম ইয়াৰ উপৰিও
এম, বি, টি যুঁজাৰু টেংক অর্জুন আৰু পাতল
যুঁজাৰু বিমান নিৰ্মাণ কৰা পৰিযোজনাৰো নেতৃত্বত আছিল। মনোবল, ইচ্ছা আৰু বিকাশক নিজৰ শক্তি হিচাপে
বিবেচনা কৰা কালামে ল'ৰালিৰে
পৰাই সপোনৰ এখন নিজস্ব জগত ৰচনা কৰিছিল আৰু সেই সপোনৰ জগতখনক ধাতললৈ নমাই অনাৰ
কাৰণে তেওঁ জীবনপাত কৰি গৈছে। তেওঁ প্ৰথমে সপোন দেখিছিল আৰু শেষত সেই সপোনক নিজৰ
আত্মবিশ্বাসেৰে মূৰ্তৰূপ প্ৰদান কৰি কাৰ্যত ৰূপায়ন কৰিছিল। তেওঁ সপোনৰ জৰিয়তে
নিজৰ যোজনা আৰম্ভ কৰিছিল আৰু তাক বাস্তৱত ৰূপায়ন কৰি জগতৰ সন্মুখত উপস্থাপন
কৰিছিল। এবাৰ নহয়, দুবাৰ
নহয়, তেওঁ বাৰে বাৰে
নিজৰ সপোনক বাস্তৱত ৰূপায়ন কৰি গৈছে। তেওঁ যি সপোন দেখিছিল সেয়া মাথোন দেশৰ
কাৰণে দেখিছিল। দেশক ক্ষেপণাস্ত্র প্রযুক্তিত আত্মনিৰ্ভৰশীল কৰাটোৱে তেওঁৰ জীৱনৰ
আটাইতকৈ ডাঙৰ কৃতী।
১৯৯২ চনৰ জুলাইৰপৰা ১৯৯৯ চনৰ
ডিচেম্বৰলৈকে ড০ কালাম প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা আৰু বিকাশ
বিভাগৰ সচিব পদ অলংকৃত কৰি গৈছে। ইয়াৰ পাছত তেওঁ ভাৰত চৰকাৰৰ মূখ্য বৈজ্ঞানিক
পৰামৰ্শ দাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ১৯৬৩-৬৪ চনত কিছু মাহৰ কাৰণে তেওঁ
অন্যান্য পাঁচ গৰাকী বৈজ্ঞানিকৰ লগত আমেৰিকালৈ গৈছিল। তেওঁ তাত নাছাৰ অন্তৰীক্ষ
অনুসন্ধান কেন্দ্র, বালোপ্ত
আইলেণ্ড ৰাকৰী চেণ্টাৰ আৰু লংগলী ৰিচাৰ্চ চেন্টাৰলৈকো গৈছিল। মাছমৰীয়া পৰিয়ালত
জন্ম গ্ৰহণ কৰা নিৰামিষভোজী এই গৰাকী মহান বৈজ্ঞানিকৰ মনত ভাৰতক তৃতীয় বিশ্বৰ
দেশৰপৰা প্ৰথম বিশ্বৰ দেশৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ সপোন সদায় সক্ৰিয় হৈ আছিল।
কালাম মাথোন বৈজ্ঞানিকে নাছিল - সংগীতজ্ঞ আৰু সাহিত্যিকো আছিল। শাস্ত্রীয় সংগীতৰ
প্ৰতি তেওঁৰ গভীৰ ৰুচি আৰু তামিল ভাষাৰ প্ৰতি গভীৰ প্ৰেম আছিল। কালাম এগৰাকী কবিও
আছিল। তেওঁ তেওঁৰ এটি কবিতাত তেওঁৰ হৃদয়ৰ বেদনা এইদৰে বৰ্ণনা কৰি গৈছে- মই
বিজ্ঞানৰ উন্নতিৰ কাৰণে মহাশূন্যত ভৰি থৈছো, নে মই পৃথিবীখনক ধ্বংস কৰাৰ কাৰণে অস্ত্ৰ তুলি দিছো?
প্ৰধান মন্ত্ৰীৰ বৈজ্ঞানিক আৰু
প্ৰযুক্তিৰ পৰামৰ্শদাতাৰ ৰূপত তেওঁ ভাৰতক ক্ষেপণাস্ত্র শক্তিত বিশ্বৰ প্ৰথম শাৰীত
থিয় কৰাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ কিছুদিন আগতে তেওঁ ভাৰতীয়ৰ
মনত বৈজ্ঞানিক বাতাৱৰণ সৃষ্টি কৰাৰ কাৰণে এক গুরুত্বপূর্ণ যোজনা প্ৰস্তুত কৰিছিল।
কালামৰ দেউতাক জয়নুল আব্দিন মৰকায়াৰ পঞ্চায়তৰ অধ্যক্ষ আছিল আৰু তেওঁৰ কেইটামান
নাৱো আছিল। সেই নাৱেৰে তেওঁ ৰামেশ্বৰমৰ পৰা ধনুষকোডিলৈ তীর্থযাত্রী অনা-নিয়া
কৰিছিল। কিন্তু ১৯৬৪ চনৰ ধুমুহাত ধনুষকোডিত ধ্বংসলীলা সংঘটিত হোৱাৰ পাছত
তীর্থযাত্ৰীসকলক সমুদ্র তটৰ পৰা কিছু নিলগত লঙৰ কৰি থকা জাহাজলৈ অনা-নিয়া কৰিছিল।
কালামৰ দেউতাকৰ লগত ৰামনাথ স্বামী মন্দিৰৰ গভীৰ সম্পৰ্ক আছিল। মুধু মীৰনৰ মতে, সৰু সৰু নাও যোগান ধৰাৰ কাৰণে তেওঁৰ
দেউতাকক মন্দিৰৰ সমাৰোহৰ সময়ত মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰপৰা সন্মানিত কৰা হৈছিল।
কালামৰ পৰিয়াল নিৰামিষভোজী আছিল আৰু পৰিয়ালৰ দৰে ড০ কালাম নিজেও নিবংকৃশ
নিরামিষভোজী আছিল। কালাম রুদ্রবীণা বজোৱাত দক্ষ আছিল আৰু তেওঁ কবি সুরমুনিয়াম
ভাৰতীৰ প্ৰশংসক আছিল। তেওঁ কেতিয়াও মদ্য পান নকৰিছিল আৰু নিষ্ঠাবান ধাৰ্মিক আছিল।
তেওঁ ভক্তি সহকাৰে কুৰআন আৰু ভাগৱত পাঠ কৰিছিল। তেওঁ অবিবাহিত আছিল। এবাৰ তেওঁ
ঠাট্টাৰ চলত তেওঁৰ বন্ধুবৰ্গক কৈছিল, যে তেওঁ যি উপলব্ধি প্রাপ্ত হৈছে, বিবাহ কৰালে হয়তো তাৰ আধাও প্রাপ্ত হ'ব নোৱাৰিলেহেঁতেন।
১৯৯৮ চনত গোপন পমাণু পৰীক্ষাৰ পাছত
আমেৰিকা স্তম্ভিত হৈ পৰিছিল আৰু ভাৰত-আমেৰিকা বাৰ্তালাপৰ সময়ত এবাৰ আমেৰিকাৰ
নীতি-নির্দেশকসকলে কৈছিল যে, কালাম
আমেৰিকালৈ অহা নাই, কেতিয়াও
বিদেশত অধ্যয়ন কৰা নাই, তেওঁলোকৰ
কোনো ইউনিভাৰ্চিটিত কাম কৰা নাই,
তেনেহ'লে
তেওঁ এইবোৰ জানিলে কেনেকৈ? ড০
কালাম সম্পূৰ্ণৰূপে ভাৰতৰ গৌৰৱ,
কিয়নো তেওঁ নিজৰ শ্ৰম আৰু প্ৰতিভাৰ বলত এই লক্ষ্যত উপনীত হৈছে আৰু
সম্পূর্ণৰূপে দেশীয়ভাবে নির্মাণ কৰিছে। তেওঁ আমেৰিকালৈ গৈছিল যদিও তেওঁ মাথোন
তিনিমাহ কালহে নাছাত আছিল। নাচাত অৱস্থান কালত এটি পেইন্টিঙে তেওঁৰ দৃষ্টি আকৰ্ষণ
কৰিছিল। পেইন্টিঙটোত ইংৰাজ আৰু টিপু চুলতানৰ সেনাৰ মাজত হোৱা যুদ্ধৰ দৃশ্য অংকন
কৰা আছিল। য'ত
আকাশত উড়ন্ত অৱস্থাত থকা ৰকেটৰ দৃশ্য দেখুৱা হৈছিল। ব্ৰিটিচসকলে ৰকেটৰ এই দৃশ্য
ইংল্যাণ্ডলৈ লৈ গৈছিল আৰু টিপু চুলতানৰ ৰকেটৰ আধাৰতে তেওঁলোকে আধুনিক রকেট নির্মাণ
কৰিছে। এই দৃশ্যই কালামৰ কল্পনা শক্তিক প্ৰভাৱিত কৰে আৰু ভাৰতৰ উপগ্ৰহ প্ৰক্ষেপন
যান বিকশিত কৰাৰ বাবে প্ৰেৰণা পায়। ড০ কালামৰ উদাৰ্ব্বাদী মনোভাব আৰু বিজ্ঞানৰ
প্ৰতি থকা দায়বদ্ধতাই তেওঁক বিশুদ্ধ গণতান্ত্রিক হিচাপে প্ৰক্ষেপ কৰিছিল আৰু তেওঁ
কোনো প্ৰট 'কললৈ
অপেক্ষা নকৰিছিল। তেওঁ সকলোকে তামিল ভাষাত ‘ছাব' বুলি
সম্বোধন কৰিছিল। প্ৰধান মন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা পদৰপৰা অৱসৰ লোৱাৰ পাছত
তেওঁক চেন্নাই বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ৰূপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁৰ
থকাৰ কাৰণে বিশ্ববিদ্যালয়ৰ অতিথি নিবাসত এটি কোঠালি দিয়া হৈছিল। তাত তেওঁৰ শোৱনি
কোঠালিৰ ক্ষেত্রফল আছিল মাথোন ১৫০ বর্গফুট। তাত থকা অৱস্থাত তেওঁ ৰাতিপুৱাৰ আহাৰ
কেন্টিনত গ্ৰহণ কৰিছিল আৰু সেই আহাৰৰ বাবে খৰচ কৰিছিল মাথোন আঢ়ৈ টকা। দুপৰীয়া
আৰু বাতিৰ আহাৰৰ বাবে খৰচ কৰিছিল মাথোন দহ টকা।
ড০ কালাম বাঙ্গালোৰতে জীৱনৰ বাকীছোৱা
সময় অতিবাহিত কৰাৰ বাবে সিদ্ধান্ত লৈছিল আৰু নিজৰ সমগ্ৰ জীৱনৰ জমা-খুঁজি গোটাই
নগৰৰপৰা ১০ কিলোমিটাৰ আঁতৰত অৱস্থিত য়েলাহাংকা নামৰ উপগ্ৰহ নগৰীত দুটা শোৱনি
কোঠালি বিশিষ্ট এটি ঘৰ কিনিছিল। ঠাইডোখৰ কেন্দ্ৰীয় কৰ্মচাৰী বসবাস কৰা এখন বস্তী
এলেকা আছিল; কিন্তু
বিধাতাই হয়তো তেওঁ তাত থকাটো নিবিচাৰিছিল। কাৰণ বাঙ্গালোৰত বসবাস কৰিবলৈ লোৱাৰ
আগতেই ২০০২ চনৰ জুলাই মাহৰ চতুৰ্থ সপ্তাহত ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ সুযোগ আছে। ১৩০
একৰ ভূমিত বিস্তাৰিত ৰাষ্ট্ৰপতি ভৱন নিৰ্মাণৰ কাৰণে ১৭ বছৰ লাগিছিল। এটি শয়ন
কক্ষত জীৱন কটোৱা ড০ কালাম ৩৪০ টা কোঠালি বিশিষ্ট ভৱনত থাকিবলৈ ল'লে। তাত তেওঁৰ লগত নিজৰ পৰিয়ালৰ কোনো
মানুহ নাছিল। ৰাষ্ট্ৰপতি ভৱনত নাপিত, ধোবা, ৰান্ধনি, চাফাই কৰ্মী, মালীৰে সৈতে ১০০০ জনতকৈও অধিক কৰ্মচাৰী
তেওঁৰ সেৱাৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকিছিল।
এই ক্ষেত্ৰত ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ নাম
উল্লেখ কৰাটো প্ৰাসংগিক আৰু সঠিক হ'ব
যেন লাগে। কিয়নো ড০ ৰাজেন্দ্ৰ প্ৰসাদ ওৰেটো জীৱন সন্ত আৰু ৰাজনীতিজ্ঞ হিচাপে
বিখ্যাত আছিল আৰু সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ আছিল। ড০ কালামো সম্ভৰ দৰে আছিল। হয়তো
তেৱোঁ গান্ধীজীৰ দৰে আছিল বুলি কোৱা যাব পাৰে। কিয়নো তেওঁ অতি সৌম্য আৰু শান্ত
স্বভাৱৰ কাৰণে বিখ্যাত আছিল। ৰাষ্ট্ৰীয় জীৱনত অহিংসক আচৰণৰ প্ৰৱল সমৰ্থক আছিল আৰু
প্ৰাণীৰ প্ৰতি দয়ালু আছিল। তেওঁ নিৰামিষ ভোজী আছিল আৰু মদ্যপান নকৰিছিল। অৱশ্যে
তেওঁ ভাৰতৰ প্ৰতিৰক্ষা সংস্থাৰ লগত জড়িত আছিল আৰু অগ্নি প্রক্ষেপণ শৃংখলাৰ
আৱিষ্কাৰক আছিল। তেওঁক 'মিছাইল
মেন' বুলি কোৱা
হৈছিল। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেনা আৰু অস্ত্ৰ ব্যৱহাৰৰ বিৰোধিতা
কৰা নাছিল। গান্ধীজীয়েও এই ক্ষেত্ৰত কেতিয়াও বিৰোধিতা কৰা নাছিল।
পাকিস্তানদ্বাৰা জন্মু-কাশ্মীৰ আক্ৰমণৰ সময়ত কালামে কাশ্মীৰলৈ সেনা প্ৰেৰণৰ বাবে
স্পষ্টভাবে অনুমতি প্ৰদান কৰিছিল। কাশ্মীৰ সম্পৰ্কে কালাম পূৰ্বৰে পৰাই সচেতন
আছিল। ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰি দিয়া দহমিনিটৰ বাণীত কাশ্মীৰৰ সন্ত্ৰাসবাদৰ
প্ৰসংগ উল্লেখ কৰিছিল।
কালামৰ কলেজীয়া জীৱনত শিক্ষক ফাদাৰ
ঢেক্যেৰাই তেওঁৰ প্ৰতিভা ভালদৰেই উপলব্ধি কৰিব পাৰিছিল আৰু তেওঁক বিমান প্রযুক্তিত
অধ্যয়নৰ বাবে পৰামৰ্শ দিছিল। ফাদাৰ ঢেকোৱাৰ সহায়তে তেওঁ মাদ্রাজ টেকনোলজি
সংস্থাত ভৰ্ত্তি হৈছিল। ছাত্ৰ হিচাপে তেওঁ মজলীয়া বিধৰ আছিল যদিও জ্ঞান পিপাসু
আৰু অধ্যৱসায়ী আছিল। তেওঁৰ পৰিয়ালত তেৱেঁ একমাত্ৰ স্নাতক আছিল। ইয়াৰ পাছত
আব্দুল কালামে অধ্যয়ন, অধ্যয়ন
আৰু অধ্যয়নৰ মাজত নিজক বিলাই দিছিল। তেওঁৰ বৈজ্ঞানিক প্ৰতিভাৰ কথা ভাৰতৰ আন
এগৰাকী প্ৰখ্যাত বিজ্ঞানী বিক্রম চাৰাভায়েও উপলব্ধি কৰিব পাৰিছিল। তেওঁ কালামক
প্ৰশংসা কৰিছিল। বিক্ৰম চাৰাভাইৰ কাৰণেই কালাম অন্তৰীক্ষ পৰিশোধন সংস্থাৰ লগত
জড়িত হৈছিল আৰু শেষত প্ৰতিৰক্ষা পৰিশোধন ও বিকাশ সংস্থাৰ মুৰব্বী হিচাপে সেৱা
আগবঢ়োৱাৰ সুযোগ পাইছিল।•
কালামৰ চিন্তাৰ স্তৰ
ভারতীয় ক্ষেপণাস্ত্র কার্যক্রমৰ জনক
বিশ্ববিখ্যাত বৈজ্ঞানিক আৰু বীণাৰ তাঁৰক ঝংকাৰিত কৰা অপ্রতিম কলাকাৰ ড০ এ,পি,জে, আব্দুল
কালামৰ কাৰণে ভাৰত মাথোন এক ভূ-খণ্ডই নাছিল, এক জীৱন্ত আস্থা আছিল,
যাৰ প্ৰতি কালামৰ সন্দেহাতীত সমৰ্পণ আছিল। তেওঁ নাৰায়ণ গুৰুক নিজৰ
আদৰ্শ হিচাপে মানিছিল আৰু বিশ্বভ্ৰাতৃত্বত বিশ্বাস কৰিছিল। তেওঁ আজীৱন শক্তিশালী, আত্মনির্ভৰ আৰু বিকশিত ভাৰতৰ সপোন
দেখাৰ সমান্তৰালভাবে সেই সপোনক বাস্তৱায়িত কৰাৰ বাবে নিজক সমৰ্পণ কৰি গৈছে। তেওঁক
ভাৰতবৰ্ষৰ সর্বোচ্চ সম্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে। তেওঁ সফলতাৰে
ক্ষেপণাস্ত্র নিক্ষেপ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক এক বিশেষ আসনত
অধিষ্ঠিত কৰি গৈছে। শান্তিৰ ক্ষেত্ৰত তেওঁ শ্ৰীমদ্ভাগৱতগীতাৰ বাণীৰে ভাৰতৰ চিন্তন
দৃষ্টিক উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিছিল। ড০ কালামে বিশ্বাস কৰিছিল যে, কোনো এখন দেশৰ বিকাশ আৰু শক্তিশালী
ৰূপত আত্মপ্রকাশ কৰাৰ ক্ষেত্ৰত প্ৰযুক্তি জ্ঞান ভেটিস্বরূপ। ভাৰতক বিশিষ্ট
অন্তৰীক্ষ সংগঠন আৰু ক্ষেপণাস্ত্র মজুত ৰাখিবপৰা দেশৰ সদস্য হিচাপে প্রতিষ্ঠিত কৰি
তেওঁ তেওঁৰ সপোনক বাস্তৱায়িত কৰি গৈছে। ড০ কালামে এক সাক্ষাৎকাৰত কৈছিল- ভাৰতক
বিকাশশীল দেশৰপৰা বিকশিত দেশলৈ সলনি কৰিবই লাগিব। ইয়াৰ কাৰণে তিনিটা চৰ্ত পূৰণ কৰিব
লাগিব। সৰ্বপ্ৰথমে ভাৰতক অর্থনৈতিকভাবে শক্তিশালী কৰিব লাগিব। দ্বিতীয়তঃ
ৰাষ্ট্ৰীয় সুৰক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সম্পূর্ণভাবে আত্মনিৰ্ভৰ হ'ব লাগিব আৰু তৃতীয়তঃ বিশ্বস্তবত
শীর্ষস্থান দখল কৰিব লাগিব।
এই সপোনক বাস্তবায়িত কৰাৰ কাৰণে ড০
কালামে ভাৰতীয় বিজ্ঞানক আধুনিকতম আৰু স্পর্ধিত ৰূপত প্রতিষ্ঠিত কৰাৰ কাৰণে নিজৰ
জীৱন সমৰ্পণ কৰি গৈছে। ফাদাৰ চেক্যেৰা আৰু বিক্ৰম চাৰাভাইৰ পাছত তেওঁৰ প্ৰতিভাক
উপলব্ধি কৰিব পাৰিছিল ১৯৮২ চনত তদানীন্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰ, বেকংট বমন আৰু ১৯৮৬ চনত তদানীন্তন
প্রধান মন্ত্রী বাজীর গান্ধীয়ে। বাজীর গান্ধীয়ে ক্ষেপণাস্ত্ৰৰ দায়িত্ব
সম্পূর্ণরূপে কালামৰ ওপৰত ন্যস্ত কৰিছিল। কালাম পৰমাণু শক্তিৰ বিকাশৰ লগতো জড়িত
হৈ আছিল। ১৯৯৯ চনৰ ১১ মে'ইত
ৰাজস্থানৰ পোখৰাণত পাৰমাণুৱিক বোমা পৰীক্ষা কৰা হৈছিল। মহান বৈজ্ঞানিক আৰ, চিদাম্বৰমৰ মাৰ্গদৰ্শনত নিৰ্মাণ কৰা এই
বোমা নিৰ্মাণৰ কৃতিত্ব পৰমাণু শক্তি আয়োগৰ প্ৰতিভাশালী বৈজ্ঞানিকসকলৰ আছিল যদিও
প্রধান মন্ত্ৰীৰ প্রধান বৈজ্ঞানিক পৰামর্শদাতা হোৱাৰ কাৰণে ড০ কালামো উক্ত পৰীক্ষণ
কাৰ্যসূচিৰ লগত জড়িত হৈ আছিল। এই পৰীক্ষণৰ সফলতাই ক্ষেপণাস্ত্ৰ কাৰ্যক্ৰমত তেওঁক
সফলতা প্রদান কৰিছিল।
কালামৰ দেউতাক অশিক্ষিত আছিল যদিও
তেওঁৰ মাজত আচৰিত ধৰণে সৃজনশীলতা আছিল। কালামৰ মাক আছিয়া আম্মা শিক্ষিতা, শান্ত সৌম্য আৰু ধৰ্মপৰায়ণা মহিলা
আছিল। সবাতোকৈ কনিষ্ঠ সন্তান হোৱাৰ কাৰণে কালাম পৰিয়াল আৰু আত্মীয়-স্বজনৰ অতি
মৰমৰ আছিল। ল’বালিত
কালামৰ এটি অভ্যাস আছিল। তেওঁ মজিয়াত বহি মাকৰ লগত আহাৰ গ্ৰহণ কৰিছিল । কালাম ল'ৰালিৰেপৰা শাকাহাৰী আছিল। আর্থিক
দৈন্যতাই তেওঁক শাকাহাৰী হ'বলৈ
বাধ্য কৰাইছিল। লাহে লাহে সেয়া তেওঁৰ অভ্যাসত পৰিণত হৈ গৈছিল। ল'ৰালিপ্সেৰা আৰ্থিক দৈন্যতাৰ মাজত
প্রতিপালিত হৈাৱা কালাম কোটি কোটি মানুহৰ আশা আৰু নয়নমণি হৈ পৰিছিল।
কালাম প্রকৃত বন্ধুত্বত বিশ্বাস
কৰিছিল। তেওঁ বন্ধুবৰ্গৰ হৃদয় জয় কৰিবলৈ প্ৰয়াস কৰিছিল। বন্ধুবৰ্গই তেওঁক ভালো
পাইছিল। কালামৰ এগৰাকী অকৃত্রিম বন্ধু আছিল জয়পুৰ নিবাসী ইলেক্ট্রনিক ৬০ জিনেশ্বৰ
দাস জৈন। কালাম দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁ খুবেই আনন্দিত আৰু
গর্বিত হৈছিল। তেওঁ কালামৰ লগত চাৰি বছৰ একেখন সংস্থাতে প্রযুক্তি বিদ্যা আহৰণ
কৰিছিল। কালাম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ড০ জৈনে কালামলৈ শুভেচ্ছা পত্ৰ
প্ৰেৰণ কৰিছিল। নিজৰ সহপাঠী তথা বন্ধুৰ সফলতাত জৈনৰ আনন্দই নধৰা হৈছিল আৰু পুৰণি
দিনৰ স্মৃতি স্মৰণ কৰি তেওঁ ভাবুক হৈ উঠিছিল। সহপাঠী বন্ধুৰ সফলতাৰ আনন্দত তেওঁৰ
চকু চল্চলীয়া হৈ উঠিছিল। জৈনৰ মতে, ড০ কালাম আৰু তেওঁ ১৯৫৪ চনত মাদ্রাজ ইনষ্টিটিউট অব টেকন'লজিত একেলগে ভৰ্ত্তি হৈছিল। ড০ কালামে
এয়ব 'নটিক আৰু তেওঁ
ইলেকট্রনিক্স বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। ড০ জৈনে কৈছে যে, ড০ কালাম মেধাৱী ছাত্ৰ আছিল আৰু এব’স্পেচ ইঞ্জিনিয়াৰিঙত তেওঁৰ বিশেষ বাপ
আছিল। তেতিয়া মাদ্রাজ ইনষ্টিটিউটৰ চাৰিওটা বিভাগৰে মূৰব্বী অধ্যাপক আছিল জার্মান
অধ্যাপক। জার্মান অধ্যাপকসকলে বৈজ্ঞানিক সিদ্ধান্তৰ লগতে প্রয়োগিক শিক্ষাৰ ওপৰত
অধিক গুৰুত্বাৰোপ কৰিছিল। ইয়াৰ ফলত উক্ত শিক্ষানুষ্ঠানৰপৰা শিক্ষা গ্ৰহণ কৰা
ছাত্ৰসকলে বিজ্ঞানৰ ক্ষেত্ৰত নতুন দিগন্ত স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। ড০ কালাম
জার্মান অধ্যাপকসকলৰ প্রিয় ছাত্র আছিল।
জৈনৰ মতে, কালাম মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল
আৰু তেওঁৰ দেউতাকে তেওঁক খুবেই স্নেহ কৰিছিল। সেয়ে দেউতাকে নিয়মিতভাবে
ছাত্ৰাৱাসলৈ আহি তেওঁৰ লগত দেখা কৰিছিল। কালামৰ প্ৰখৰ স্মৃতিশক্তিৰ পৰিচয় দিবলৈ
গৈ জৈনে কৈছে যৈ, ১৯৯৮
চনত ড০ কালামক তেওঁ এখন পত্ৰ লেখিছিল। পত্ৰখনৰ উত্তৰত কালামে তেওঁক শুভকামনা জনাইছিল
আৰু কলেজীয়া দিনৰ স্মৃতি ৰোমন্থন কৰি ড০ জৈনৰ ৫৪৯ আৰু কালামৰ প্ৰৱেশ নম্বৰ ৬৬৪
আছিল বুলি উল্লেখ কৰিছিল। প্ৰযুক্তি বিদ্যাৰ উচ্চশিক্ষাত মেৰিট বেংকত কালাম
দ্বিতীয় আৰু ড০ জৈন ষষ্ঠ স্থানত আছিল। ড০ জৈনে কৈছে যে, তেতিয়া কোনে ভাবিছিল, এই সহজ-সৰল মেধাৱী ছাত্ৰজন এদিন দেশৰ
সৰ্বোচ্চ পদত অধিষ্ঠিত হ'ব!s
কালামৰ
জীৱনৰ চাৰিটা মহত্ত্বপূর্ণ অধ্যায়
(১) ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংগঠনত অতিবাহিত কৰা সময়।
(২) ১৯৯৪ চনত অগ্নিব সফল উৎক্ষেপন।
(৩) পৰমাণু পৰীক্ষণ। এই পৰীক্ষণে কালামক ভাৰতীয় হোৱাৰ গৌৰৱ প্ৰদান
কৰিছিল। শক্তিয়ে শক্তিক সন্মান কৰে।
(৪) নিজাম আয়ুর্বিজ্ঞান সংস্থা, হায়দাবাদত বিকলাংগসকলৰ কাৰণে কম ওজনৰ
পেং আবিষ্কাৰ।s
জীৱনৰ শেষ সময়লৈকে কালাম ব্যস্ত আছিল।
মানসিকভাবে অবিকশিত ল'ৰা-ছোৱালীৰ কাৰণে চলোৱা মস্তিষ্ক শোধন
সংস্থাত কার্যনির্বাহ।
টেলিগ্রামক ডিজিটেল ৰূপ দিয়াৰ কাৰণে
চলোৱা পৰিযোজনাত কাৰ্যনিৰ্বাহ।
বধিব ল'ৰা-ছোৱালীৰ শৰীৰত স্থাপনৰ কাৰণে সূক্ষ্ম শ্ৰৱণ উপকৰণৰ কাৰণে
আহোপুৰুষাৰ্থ।s
কালাম আয়াৰ
কালাম চাহাবক তেওঁৰ বন্ধু আৰু
সহযোগিসকলে পণ্ডিত আব্দুল কালাম অথবা কালাম আয়াৰ বুলি সম্বোধন কৰিছিল। কাৰণ-
তেওঁ শাকাহাৰীৰ নিয়ম খুবেই কঠোরভাবে
পালন কৰিছিল।
কেতিয়াও মদ স্পৰ্শ কৰা নাছিল।
ধুমপান কৰা নছিল।
বাল ব্ৰহ্মচাৰী আছিল।
তামিল ভাষাত কবিতা ৰচনা কৰিছিল।
মহাকবি সুব্রমণিয়াম ভাৰতীৰ প্ৰশংসক
আছিল।
খাটি আস্তিক আছিল। তেওঁ নিয়মিতভাবে
প্রার্থনা কৰিছিল।
কোৰআন আৰু শ্ৰীমদভাগৱত গীতা সম্মান
সহকাৰে পাঠ কৰিছিল। তেওঁ বেদ অধ্যয়ন কৰিছিল তথা সময়ে সময়ে বেদৰপৰা উদাহৰণ দিছিল।
এইসমূহ গুণ আয়াৰৰো আছিল।s
কালামৰ জীৱনৰ নটা দশক
১৫ অক্টোবৰ ১৯৩১- তামিলনাডুৰ ৰামেশ্বৰ
জিলাৰ ধনুষকোডি গাঁৱত আবুল পাকিৰ জয়নুল আব্দিন আব্দুল কালামৰ জন্ম হৈছিল।
১৯৫০- ত্ৰিচুপৰাপল্লীৰ চেণ্ট জোচেফ
কলেজত ভৰ্ত্তি আৰু বিজ্ঞানত স্নাতক ডিগ্রী প্রাপ্ত ।
১৯৫৪- মাদ্রাজ ইনষ্টিটিউট অব টেকন'লজিত (এম,আই,টি)ত ভৰ্ত্তি ।
১৯৫৮- ডি,টি,ডি এণ্ড পি (এয়াৰ)ত জ্যেষ্ঠ সহযোগি বৈজ্ঞানিক হিচাপে নিযুক্তি আৰু
একে বছৰতে প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা (ডি,আব,ডি,ও)ত
জ্যেষ্ঠ সহযোগি বৈজ্ঞানিক হিচাপে নিযুক্তি।
১৯৬২- ডি,আৰ,ডি,ও(Defence Research and Development
organization) ত্যাগ
কৰি ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাত নিযুক্তি। ২১ নৱেম্বৰ, ১৯৬৩- ভাৰতৰ প্ৰথম রকেট উৎক্ষেপন।
২০ অক্টোবৰ, ১৯৬৭- টি,আই,আৰ,এল,এচৰ সহায়ত বোহিণী-৭৫ ৰকেট উৎক্ষেপন।
১৯৬৮- ইণ্ডিয়ান ৰকেট ছোছাইটি গঠন।
৮ অক্টোবৰ, ১৯৭২- আব,টি,ও(বাটো) প্ৰণালীৰ সুখোই-১৬ জেট বিমানৰ সফল পৰীক্ষণ।
১৯৭৬- কালামৰ দেউতাকৰ ১০২ বছৰ বয়সত
দেহাৱসান। দেউতাকৰ মৃত্যুৰ কিছুদিন পাছতে মাকৰ দেহাৱসান।
১৮ জুলাই, ১৯৮০-ভাৰতৰ প্ৰথম উপগ্রহ উৎক্ষেপন যান, এচ,এল,বি-৩
(Satellite Launch Vehicle-3)ক
শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন। ৩১ মেই,
১৯৮১- উপগ্রহ উৎক্ষেপন যান এচএলবি-৩ ডিৰ উৎক্ষেপন।
ফেব্ৰুৱাৰী, ১৯৮২-ডি আৰ ডি এল (ডিআরডিও)ৰ
নিৰ্দ্দেশক হিচাপে নিযুক্তি আৰু মিছাইল পৰিযোজনাৰ অন্তৰ্গত পাঁচটা মূখ্য মিছাইল
কাৰ্যক্ৰমৰ ওপৰত অনুসন্ধান।
২৭ জুলাই, ১৯৮৩- আই জি এচ ডি ওৰ উৎক্ষেপন।
২৬ জুন ১৯৮৪- প্রথম স্বদেশী জড়ত্ব
নির্দেশিত প্ৰণালীৰ কাৰণে মিছাইল উৎক্ষেপন।
৩ আগষ্ট, ১৯৮৫- বিচাৰ্চ চেণ্টাৰ (আৰচিআই) গৃহৰ আধাৰশিলা স্থাপন।
চেপ্তেম্বৰ, ১৯৮৮ পৃথ্বী মিছাইলৰ দ্বিতীয় পৰীক্ষণ।
২২ মেই, ১৯৮৯- অগ্নি মিছাইলৰ পৰীক্ষণ।
১৯৯২- কেন্দ্ৰীয় প্ৰতিৰক্ষা
মন্ত্ৰণালয়ৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিযুক্তি আৰু ১৯৯৯ চনলৈ উক্ত পদত
কাৰ্যনিৰ্বাহ।
১১ মে', ১৯৯৮- ৰাজস্থানৰ পোৰাণত সফল পৰমাণু পৰীক্ষণ।
১৯৯৮- হৃদৰোগ বিশেষজ্ঞ সোমা ৰাজুৰ লগত
লগলাগি অতি কম খৰচীয়া 'Coronary stent নিৰ্মাণ
কৰি উলিয়ায়। যাক ‘কালাম-ৰাজু
ষ্টেণ্ট” বুলি কোৱা হয়।
তেওঁলোকে ২০১২ চনত গ্ৰাম্যাঞ্চলৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে পকেট কম্পিউটাৰ 'কালাম-ৰাজু টেবলেট' সাজি উলিয়ায়।১৮ জুন, ২০০২- ৰাষ্ট্ৰপতি পদৰ কাৰণে মনোনয়ন
পত্র দাখিল।
২৫ জুন, ২০০২ - দেশৰ একাদশ গৰাকী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ ।
২৫ জুন, ২০০৭- ৰাষ্ট্ৰপতি ভবন ত্যাগ।
ৰাষ্ট্ৰপতি হিচাপে মৰমতে তেওঁক জনতাৰ
ৰাষ্ট্ৰপতি বুলি কোৱা হৈছিল। ৰাষ্ট্ৰপতি হিচাপে পাঁচ বছৰীয়া কাৰ্যকালত তেওঁ
কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব
লগা হৈছিল। তাৰ ভিতৰত 'প্রফিট
বিল’ত হস্তাক্ষৰ
কৰাটো তেওঁৰ কাৰণে আটাইতকৈ কঠিন সিদ্ধান্ত আছিল। ২০০৫ চনত বিহাৰত ৰাষ্ট্ৰপতি শাসন
বলবৎ কৰিব লগা হৈছিল আৰু ইয়াৰ বাবে তেওঁ সমালোচিতও হ'ব লগা হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতিক
সংবিধানে ফাঁচি প্রাপ্ত অপৰাধীক ক্ষমাদানৰ ক্ষমতা প্ৰদান কৰিছে। ২০০১ চনৰ
ডিচেম্বৰত সংসদ ভবন আক্রমণৰ লগত জড়িত কাশ্মীরী সন্ত্রাসবাদী আফজল গুৰুৰে সৈতে ২১
টা ক্ষমাদান আবেদনৰ মাথোন তেওঁ এটা আবেদনতহে ৰায়দান কৰিছিল। সেয়া আছিল পশ্চিম
বংগৰ ধৰ্ষণকাৰী ধনঞ্জয় চেটার্জীৰ ক্ষমাদান আবেদন। এই আবেদন তেওঁ অগ্ৰাহ্য কৰিছিল
আৰু তাক ফাঁচি-কাঠত ওলমোৱা হৈছিল। ইয়াৰ বাবে তেওঁ সমালোচিত হ'ব লগা হৈছিল।
২০০৭ চনত তেওঁ দ্বিতীয় বাৰৰ কাৰণে
ৰাষ্ট্ৰপতি পদত মনোনীত হোৱাৰ বাবে মত ব্যক্ত কৰিছিল। কিন্তু বামপন্থী দল, শিরসেনা আৰু ইউপিএ সাসংদসকলৰ মনোভাৱলৈ
লক্ষ্য কৰি তেওঁ সেই আশা ত্যাগ কৰি দুদিন পাছত ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰিছিল।s
ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰাৰ পাছত
কালাম তলত দিয়া সংস্থাত কৰ্মৰত আছিল
(১) ইণ্ডিয়ান ইনষ্টিটিউট অর
মেনেজমেণ্ট, চিলং।
(২) ইণ্ডিয়ান ইনষ্টিটিউট অব
মেনেজমেন্ট, আহমেদাদবাদ।
(৩) ইণ্ডিয়ান ইনষ্টিটিউট অৱ
মেনেজমেন্ট, ইন্দোৰ
।
(৫) ইণ্ডিয়ান ইনষ্টিটিউট অব চায়েন্স, বাংগালোৰত সন্মানিত ফেল' হিচাপে কৰ্মৰত আছিল।
(৬) থিৰবান্দপুৰমৰ ইণ্ডিয়ান
ইনষ্টিটিউট অব স্পেচ চায়েন্স এণ্ড টেকন'লজিৰ চেঞ্চেলৰ হিচাপে কাৰ্যনিৰ্বাহ।
(৭) আন্না বিশ্ববিদ্যালয়ৰ এর স্পেচ
ইঞ্জিনিয়াৰিঙত তেওঁ অধ্যাপনা কৰিছে। সমগ্ৰ ভাৰতৰ বহু শৈক্ষিক আৰু গৱেষণা
প্ৰতিষ্ঠানৰ লগততেওঁ জড়িত আছিল।
(৮) হায়দৰাবাদৰ ইন্টাৰনেচনেল
ইনষ্টিটিউট অব ইনফ্ৰমেশন টেকন'লজি'ত ইনফরমেশন টেকন'লজি বিষয়ত শিক্ষকতা কৰিছে। বানাবচ
হিন্দু ইউনিভাৰচিটি আৰু আন্না ইউনিভাৰচিটিতো শিক্ষকতা কৰিছে।
(৯) ২০১১ চনত 'কুণ্ডাকুলাম নিউক্লিয়াৰ পাৱাৰ
প্লাণ্টেৰ সপক্ষে থিয় দি তেওঁ সমালোচিত হৈছিল। তেওঁ নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট
স্থাপনৰ সপক্ষে আছিল আৰু স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ পাৱাৰ প্লান্ট স্থাপনৰ
বাবে সিদ্ধান্ত লোৱাত তেওঁ সমালোচিত হৈছিল। ইয়াৰ বিৰোধিতাত বিক্ষোভ আৰম্ভ হৈছিল।
কালামৰ পৰিদৰ্শনৰ সময়তো তেওঁলোকে বিৰোধিতা কৰিছিল। পাৱাৰ প্লাণ্টৰ সুৰক্ষা
সম্বন্ধে নিশ্চয়তা প্ৰদানৰ পাছতো ঠাইডোখৰ বসবাসৰ উপযোগী হ'ব বুলি বিক্ষোভকাৰীসকল আশ্বস্ত হ'বপৰা নাছিল।
(১০) ২০১২ চনৰ মে' মাহত ভাৰতীয় যুৱকসকলৰ কাৰণে দুর্নীতিৰ
বিৰুদ্ধে 'আমি
কি কৰিব পাৰো’ এই
বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।s
কালামে জীৱন কালত দেশ বিদেশৰপৰা
লাভ কৰা বিভিন্ন সন্মান আৰু পুৰস্কাৰ।
(১) পদ্ম ভূষণ- ১৯৮১ চন - ভাৰত চৰকাৰ।
(২) পদ্ম বিভূষণ- ১৯৯০ চন- ভাৰত চৰকাৰ।
(৩) ডিষ্টিংগুইচ ফেল'- ১৯৯৪, ইনষ্টিটিউট অৱ ডাইৰেক্টৰ, ভাৰত।
(৪) অনাৰাৰি ফেল'- ১৯৯৫, নেচনেল একাডেমি অৱ মেডিকেল চায়েন্সেচ।
(৫) ভাৰত ৰত্ন- ১৯৯৭, ভাৰত চৰকাৰ ।
(৬) জাতীয় সংহতিৰ কাৰণে ইন্দিৰা
গান্ধী পুৰস্কাৰ-১৯৯৭, ভাৰতীয়
জাতীয় কংগ্ৰেছ।
(৭) বীৰ চাৰ্ভাৰকাৰ পুৰস্কাৰ ১৯৯৮, ভাৰত চৰকাৰ।
(৮) ৰামানুজন পুৰস্কাৰ ২০০০, অলৱাচ্ ৰিচাৰ্চ চেণ্টাৰ, চেন্নাই।
(৯) অনাৰাৰি ডক্টৰেট অর চায়েন্স- ২০০৭, বুলভাবহাম্পটন বিশ্ববিদ্যালয়, ইউ,কে।
(১০) কিং চাৰ্লচ ২ মেডেল বয়েল
চোচাইটি- ২০০৭, ইউ,কে।
(১১) অনাৰাৰি ডক্টৰেট অর চায়েন্স এণ্ড
টেকন'লজি- ২০০৭, কাৰনেগি মেলন বিশ্ববিদ্যালয়।
(১২) ডক্টৰ অৱ চায়েন্স-২০০৮, আলিগড় মুছলিম ইউনিভাৰচিটি।
(১৩) ডক্টৰ অৱ ইঞ্জিনিয়ারিং-২০০৮, নান্যাংগ টেকন'লজিকেল ইউনিভাৰচিটি।
(১৪) ইন্টাৰনেচনেল ভন কামান উইংড
এৱাৰ্ড- ২০০৯, কালিফোর্নিয়া
ইনষ্টিটিউট অব টেকনলজি।
(১৫) হোভাৰ মেডেল এ, এচ,এম,ই
ফাউনণ্ডেচন-২০০৯, ইউ,এচ.এ।
(১৬) অনাৰাৰি ডক্টৰেট-২০০৯, অ'কলেও ইউনিভাৰচিটি।
(১৭) ডক্টৰ অৱ ইঞ্জিনিয়ারিং-২০১০, ইউনিভাৰচিটি অৱ ৱাটাবলো।
(১৮) আইইইই অনাৰাৰি মেম্বারশিপ-২০১১, আইইইই।
(১৯) ডক্টৰ অৱ ল'-২০১২, চিমন ফ্ৰেজাৰ ইউনিভাৰচিটি।
(২০) ভন ব্রাউন এৱার্ড-২০১৩, নেচনেল স্পেচ ছোচাইটি।
(২১) ডক্টৰ অৱ চায়েন্স ২০১৪, ইডেনবার্গ ইউনিভাৰচিটি।
(২২) ২০১৫ চনৰ চেপ্তেম্বৰত জাতীয় মিছাইল
পৰীক্ষণ অঞ্চল হোৱেলাৰ আইলেণ্ডৰ নাম আবুল কালামৰ নামেৰে নতুনকৈ নামকৰণ কৰা হয় ।s
মৃত্যুৰ পাছত লাভ কৰা সন্মান
(১) তামিলনাডু চৰকাৰে ড০ কালামৰ মৃত্যু
তিথি ১৫ অক্টোবৰৰ দিনটো ‘যুৱ
জাগৰণ দিৱস' হিচাপে
উদ্যাপন কৰাৰ লগতে ডি০ এ,পি,জে,আবুল কালাম' পুৰস্কাৰৰ
কথা ঘোষণা কৰিছে। পুৰস্কাৰ হিচাপে ৮ গ্রাম সোণৰ মেডেল, এখন প্রমাণ পত্ৰ আৰু ৫ লাখ টাকা নগদ ধন
আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। পুৰস্কাৰটো প্ৰত্যেক বছৰ স্বাধীনতা দিৱসৰ দিনা বিজ্ঞান, মানৱ কল্যাণ তথা সমাজ কল্যাণৰ ক্ষেত্ৰত
উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ছাত্ৰক প্ৰদান কৰা হ'ব ।
(২) ড০ কালামৰ জন্ম দিবস উপলক্ষ্যে চি, বি, এচ চিয়ে কালামৰ নামত চিবিএচডি ‘টপিকচ' এক্সপ্রেশন
ছিৰিজ ঘোষণা কৰিছে।
(৩) প্রধান মন্ত্রী নবেন্দ্র মোদীয়ে
ড০ আবুল কালামৰ ৮৪ সংখ্যক জন্ম দিৱস উপলক্ষ্যে ২০১৫ চনৰ ১৫ অক্টোবৰত প্ৰাক্তন
ৰাষ্ট্ৰপতিব স্মৃতিত ডিআৰডিঙত ডাক টিকট প্রকাশ কৰিছে।s
ইয়াৰ উপৰিও
বহুকেইখন শিক্ষানুষ্ঠান, বিজ্ঞান ইনষ্টিটিউট আৰু ঠাইৰ নাম আবুল
কালামৰ নামত নামকৰণ কৰা হৈছে।-
(১) বিহাৰৰ কিষাণগঞ্জৰ কৃষি কলেজৰ নাম
বিহাৰ চৰকাৰে কালামক সমাধিস্থ কৰাৰ দিনা ড০কালাম কৃষি কলেজ, কিষাণগঞ্জ” নামেৰে নামকৰণ কৰিছে। ৰাজ্য চৰকাৰে
ঠাইডোখৰ কালমৰ সন্মানার্থে 'চায়েন্স
চিটি' হিচাপে ঘোষণা
কৰাৰ কথাও ঘোষণা কৰিছে। (২) উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশ টেকনিকেল
ইউনিভাৰচিটিবি নাম 'এ,পি,জে, আবুল
কালাম টেকনিকেল ইউনিভাৰচিটি' নামেৰে
নতুনকৈ নামকৰণ কৰিছে।
(৩) কেবেলা চৰকাৰে 'ক’লাম চিটিতি এ,পি,জে, আবুল কালাম মেমোরিয়াল ত্রিরায়ুর ইউনিভাৰচিটি অৱ ডাইজেস্টিভ ডিজিছ' নামেৰে নতুন গৱেষণা কেন্দ্র স্থাপন কৰি
ত্ৰিৱাঙ্কুৰ মেডিকেল কলেজ হাস্পতালৰ লগত সংলগ্ন কৰিছে।
(৪) কেৰেলাৰ মহাত্মা গান্ধী
ইউনিভাৰ্চিটিৰ কমপ্লেক্স কালামৰ নামেৰে নামকৰণ কৰা হৈছে।
(৫) কালামৰ নামেৰে পণ্ডিচেৰীৰ ল'চপেটত নতুন বিজ্ঞান কেন্দ্ৰ আৰু
তাৰকাগৃহ স্থাপন কৰিছে।
(৬) ভাৰত আৰু আমেৰিকা চৰকাৰে যৌথভাবে ‘ফুল-ব্রাইট কালাম ফেল শিপ'ৰ কথা ২০১৬ চনৰ ১২ মাৰ্চত ঘোষণা কৰি
আবেদন বিচাৰিছে। য'ত
১২ গৰাকী ভাৰতীয় পিএইচডি কৰা ছাত্ৰই আৰু পোষ্ট-ডক্টৰেল গৱেষকে আমেৰিকাৰ
ইনষ্টিটিউটত ৬-১২ মাহৰ কাৰণে গৱেষণা কৰাৰ কাৰণে সুযোগ পাব। উক্ত ফেল শ্বিপ ভাৰত
আৰু আমেৰিকাৰ ইডুকেশনাল ফাউণ্ডেশ্বনৰ তত্ত্বাৱধানত যৌথভাবে পৰিচালিত হ'ব।s
ৰামেশ্বৰমৰ গৌৰৱ
সাধাৰণতে কোৱা হয় যে, বৈজ্ঞানিকসকল ব্যৱহাৰত কৰ্কশ আৰু কঠোৰ
হৃদয়ৰ হয়। কিন্তু কালামৰ নাম ৰাষ্ট্ৰপতি হিচাপে চৰ্চালৈ অহাৰ পাছত তেওঁৰ মধুৰ
অমায়িক ব্যৱহাৰ আৰু হৃদয়শীলতাৰ কথাও চৰ্চালৈ আহিছিল। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
হিচাপে ঘোষিত হোৱাৰ আগত আৰু পাছত সংবাদ মাধ্যমৰ প্ৰতিনিধি, ৰাজনৈতিক নেতা, প্রশাসনিক বিষয়া আৰু নিজৰ সহকৰ্মীসকলৰ
লগত ড০ কালামে যেনেকুৱা ব্যৱহাৰ কৰিগৈছে, ইয়াৰদ্বাৰা মানুহৰ সেই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছে। কাৰণ কালামৰ
জীৱনৰ যিমান কাহিনী শুনিবলৈ আৰু পঢ়িবলৈ পোৱা যায় তাৰদ্বাৰা এই কথাই প্রমাণিত
হয়। দেশৰ কাৰণে সৌভাগ্য এয়ে যে কে, আব, নাৰায়ণনৰ
পাছত তেওঁ আমাৰ দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। কালাম অতি বিনম্র, সহজ-সৰল আৰু সংযমী ব্যক্তিত্বৰ অধিকাৰী
আছিল। লগতে তেওঁ বিশ্বাসী, সত্যনিষ্ঠ
আৰু দেশভক্ত আছিল। আটাইতকৈ উল্লেখ্য কথা এয়ে যে, তেওঁ দুখীয়া পৰিয়ালৰ সন্তান আছিল। এক অতি সাধাৰণ তথা দুখীয়া
পৰিয়ালৰপৰা উঠি আহি ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হোৱাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতি পদত
অধিষ্ঠিত হোৱাটো সাধাৰণ কথা নাছিল। উত্তৰ পুৰুষৰ কাৰণে কালামৰ জীৱন সদায়
অনুকৰণীয় হৈ থাকিব ।
কিন্তু এটা কথা ঠিক যে, যি ৰাজনৈতিক দলে কালামক ৰাষ্ট্ৰপতি
হিচাপে নিৰ্বাচন কৰিছিল তেওঁলোকে কালামৰ গুণতকৈ দলীয় স্বাৰ্থৰ ওপৰতহে অধিক
গুরুত্ব প্রদান কৰিছিল। ভাৰতীয় জনতা দলে কালামক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰি নিজৰ
লোক দেখুৱা ধৰ্মনিৰপেক্ষতাক আগবঢ়াই নিয়াৰ লগতে গুজৰাট হত্যাকাণ্ডৰ কাৰণে যিসকল
মানুহ তেওঁলোকৰ বিৰুদ্ধে গৈছিল সিহঁতক নিজৰ পক্ষলৈ টানিবলৈ চেষ্টা কৰিছিল।
অন্যান্য ৰাজনৈতিক দলেও মুছলমানৰ ভোট লাভৰ অভিপ্ৰায়েৰে তেওঁক সমৰ্থন কৰিছিল। এই
বিষয়ে ইয়াকে ক'ব
পৰা যায় যে, বেয়া
উদ্দেশ্যেৰে এগৰাকী ভাল ব্যক্তিক দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰা হৈছিল। দৰাচলতে
কালাম ৰাষ্ট্ৰপতি পদৰ কাৰণে সকলো ফালৰ পৰা যোগ্য আছিল। কাৰণ তেওঁ ধার্মিকভাবে উদার, ধর্মনিরপেক্ষ, সংবেদনশীল, সরলমনা, দক্ষ প্রশাসক, কৰ্ত্তব্যপরায়ণ, ন্যায়নিষ্ঠ, পৰিশ্ৰমী, দেশৰ প্ৰতি অগাধ ভালপোৱা আৰু
প্রত্যুৎপন্নমতি সম্পন্ন ব্যক্তি আছিল। তেওঁ কোনো দলৰ ৰাষ্ট্ৰপতি নাছিল, বৰং সমগ্ৰ দেশৰ
ৰাষ্ট্ৰপতি আছিল। তেওঁ তলত দিয়া গুণৰ
অধিকাৰী আছিল আৰু এইবোৰ গুণ তেওঁৰ আজীৱন লগৰীয়া আছিল।
১) ঈশ্বৰত বিশ্বাস।
২) প্রেমপূর্ণ হৃদয়।
৩) কর্তব্যপরায়ণ।
৪) পরিশ্রমী।
৫) সৰল স্বভাৱ।
৬) অন্ধবিশ্বাসৰ পৰা আঁতৰত।
৭) মাটিৰ লগত সম্বন্ধ। ১) শিক্ষাগুৰুৰ
প্রতি শ্রদ্ধা। ১১) সৰল জীৱন, উচ্চ
চিন্তন। ১২) ডায়েৰী লেখাৰ অভ্যাস।
১৩) সমাজসেৱক ।
ঈশ্বৰৰ প্ৰতি
বিশ্বাস- সাধাৰণতে বৈজ্ঞানিকসকল ঈশ্বৰ বিশ্বাসী নহয়
বুলি ভবা হয়, কিন্তু
কালাম চাহাব এগৰাকী প্ৰখ্যাত বিজ্ঞানী হোৱাৰ পাছতো এই কথা নিজৰ জীৱনকালত ভুল বুলি
প্ৰমাণ কৰি গৈছে। প্রকৃতিক ফেৰ মাৰিব পৰা, বতাহতকৈও অধিক বেগত উৰিবপৰা উপগ্রহ নিৰ্মাণৰ পাছতো তেওঁৰ ঈশ্বৰৰ
প্রতি ভক্তি কেতিয়াও হ্ৰাস পোৱা নছিল। ইয়াৰ মুখ্য কারণ এয়ে আছিল যে, তেওঁৰ প্ৰাৰম্ভিক শিক্ষা য'ত আৰম্ভ হৈছিল সেই ঠাইৰ প্ৰতিজন
ব্যক্তি ধাৰ্মিক সংস্কাৰৰ লগত জড়িত আছিল। ঈশ্বৰৰ প্ৰতি বিশ্বাস থকাৰ কাৰণেই
সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিও তেওঁৰ ঈশ্বৰৰ প্ৰতি ভক্তি হ্ৰাস পোৱা নাছিল।
প্রেমপূর্ণ
হৃদয়- সাধাৰণতে বৈজ্ঞানিকসকলৰ প্ৰকৃতি কর্কশ হয়
বুলি ভবা হয়। বিহংগম দৃষ্টিত চালে এই কথা যেন ড০ কালামেও এক প্ৰকাৰ প্ৰমাণ কৰি
গৈছে। কাৰণ তেওঁ আজীৱন বিবাহ কৰোৱা নাই। কিন্তু এই কথাই এয়া প্ৰমাণ নকৰে যে, তেওঁৰ হৃদয়ত প্ৰেমৰ কোনো স্থান নাছিল।
বাতৰি কাকত্ত চিঠি-পত্ৰসমূহত তেওঁৰ বিষয়ে যিবোৰ কথা পঢ়িবলৈ পোৱা যায় তাৰদ্বাৰা
এইটো ধাৰণা হয় যে, তেওঁৰ
হৃদয় সাধাৰণ মানুহতকৈও অধিক প্ৰেমেৰে পৰিপূৰ্ণ আছিল। তেওঁৰ বিবাহ সম্পর্কে এই কথা
ক'ব পৰা যায় যে, তেওঁ পৰিস্থিতিৰ মেৰপাকত পৰিহে বিবাহৰ
কথা পাহৰি আছিল। এটা ঘটনাৰপৰা এই কথাৰ প্ৰমাণ পোৱা যায়। এবাৰ ককায়েক আৰু
নবৌয়েকে এজনী ছোৱালীৰ লগত তেওঁৰ বিবাহ ঠিক কৰিছিল, কিন্তু তেতিয়া পৰিয়ালৰ কোনোবা এজন সদস্যৰ মৃত্যু হোৱাত সেই বিয়া
ভাঙি গৈছিল। ইয়াৰ পাছত কালামে কেতিয়াবা এটা অজুহাতত আকৌ আন এটা অজুহাতত বিয়া
পিছুৱাই গৈ আছিল আৰু এটা সময়ত একেবাৰে পিছুৱাই গ'ল মানে জীৱনত বিয়া কৰোৱাই নহ'ল৷ ইয়াৰ কাৰণে তেওঁৰ কোনো আক্ষেপ নাছিল, বৰং সুখীহে আছিল। কাৰণ বিবাহৰ কথা ক'লে তেওঁ কৈছিল যে, তেওঁ তেওঁৰ বন্ধুবৰ্গকলৈয়ে সুখী আৰু
বিবাহ কৰালে তেওঁৰ কামত অৱশ্যে বাধা পৰিলেহেঁতেন। তেওঁ কৈছিল- মই কোনো দার্শনিক
নহওঁ। মই মাথোন প্রযুক্তি ক্ষেত্ৰৰ মানুহ। মই নিজৰ সমগ্ৰ জীৱন ৰকেট বিদ্যা আহৰণৰ
কাৰণে ব্যয় কৰিছো। মই একো সংগ্ৰহ কৰিবপৰা নাই নির্মাণো কৰা নাই। মোৰ ওচৰত কোনো
সম্পত্তি নাই, পৰিবাৰ
নাই- ল'বা নাই- ছোৱালীও
নাই।
উৎক্ষেপন কার্যক্রম প্রকৃতাৰ্থত ১৯৮২
চনত পৃথ্বী, অগ্নি, ত্রিশূল আৰু নাগ ক্ষেপণাস্ত্ৰ শৃংখলাৰ
কাৰণে তৎকালীন বিত্তমন্ত্ৰী আৰ,
বেকংট ৰমনে ৩০০ কোটি টকা মঞ্জুৰ কৰাৰ পাছতহে আৰম্ভ হৈছিল। এই
ব্যক্ততাৰ কাৰণেই হয়তো কালামে বিয়াৰ কথা ভাবিবপৰা নাছিল। তেওঁ ভাবিছিল, ‘প্ৰেমৰ পীড়া' সহ্য কৰাটো ৰকেট নিৰ্মাণতকৈও অধিক কঠিন
কাম। অকলশৰীয়া জীৱন পছন্দ কৰা কালামে নিজৰ ডায়েৰীত অকলশৰীয়া জীৱনৰ বিষয়ে
গুরুত্বপূর্ণ আলোচনা আৰু মন্তব্য লেখি থৈ গৈছে। তেওঁ লেখিছে- হয়তো মই অকলশৰীয়াভাবে
থকাৰ অন্তৰালত মহৎ উদ্দেশ্য আছিল। প্ৰেমৰপৰা আঁতৰি থকাৰ ইচ্ছা, যাক মই ৰকেট নির্মাণতকৈও অধিক কঠিন
বুলি ভাবো।
ড০ কালামে নিজৰ আত্মকথা 'অগ্নিৰ ডেউকা'ত লেখিছে যে, নিকট আত্মীয়ৰপৰা তেওঁৰ ভয় লাগিছিল।
কিয়নো মিত্ৰৰ প্ৰেমে আপোনাক নিজৰ কৰ্তব্যৰপৰা বিমুখ কৰিব পাৰে। তেওঁ কৈছে-‘ক্ষেপণাস্ত্র নির্মাণৰ দায়িত্ব গ্ৰহণ
কৰাৰ পাছত মোৰ কোনোবা এগৰাকী জ্যেষ্ঠ সহযোগিয়ে মোৰ লগত বন্ধুত্ব বঢ়াবলৈ চেষ্টা
কৰিছিল। মই তেওঁৰ বন্ধুত্বক সন্মান কৰিছিলো, কিন্তু নিকট সম্বন্ধ স্থাপন কৰা নাছিলো।' ড০ কালামৰ মতে, দল নিৰ্বাচন কৰা অতি কঠিন কাম। কিয়নো
এটা ভুল দল নির্বাচনে ভৱিষ্যতৰ সমগ্ৰ কাৰ্যক্ৰম নাশ কৰিব পাৰে। মিত্রতাও এই
ক্ষেত্ৰত বাধা হ'ব
পাৰে। তেওঁ কৈছে- মিত্ৰতাৰ প্ৰতি বিশ্বাস সৃষ্টি কৰিবলৈ গৈ যিকোনো মানুহে সহজে ভুল
কাম কৰিব পাৰে, যিটো
সংগঠনৰ কাৰণে মংগলজনক নহয়। কালামে কৈছে- প্ৰেমৰ পীড়াৰপৰা আঁতৰি থকাৰ অৰ্থ
মানৱীয় সম্বন্ধক উপেক্ষা কৰা নহয়। তেওঁৰ মতে, 'অগ্নি'ৰ টীমত পাঁচ শতাধিক বৈজ্ঞানিক আছিল আৰু প্ৰতিগৰাকী সদস্যই এজনে আনজনৰ
ওপৰত নিৰ্ভৰ কৰিছিল।
( ল'ৰালিত কালামে বাস কৰা বাসগৃহ)
পৰিয়ালৰ লগত ওতপ্রোত সম্বন্ধ থকা
ব্যক্তিসকলৰ ভাষ্য-
এগৰাকী ব্যক্তি হিচাপে আজীৱন অবিবাহিত
হিচাপে থকা, বিশ্বপ্রসিদ্ধ
বৈজ্ঞানিক হোৱা, ভাৰতৰ
দৰে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা, একেবাৰে সামান্য পৰিয়ালৰ লগত মিলা মিচা কৰা, প্ৰেম আৰু ঘনিষ্ট সম্বন্ধ অটুট ৰখাটো
নিশ্চয় বেলেগৰ বাবে অনুকৰণীয়। কালাম সকলো প্ৰকাৰ কৃতিত্ব অর্জন কৰাৰ পাছতো নিজৰ
ডাঙৰ ককায়েকৰ কাৰণে পুত্ৰ সম সৰু ভায়েক আছিল, মাকৰ কাৰণে কেঁচুৱা কালাম আছিল আৰু নিজৰ বক্তি আৰু চহৰৰ কাৰণে কালাম
ভায়ে হৈ আছিল। তেওঁ তেওঁৰ পৰিয়াল আৰু ওচৰ-চৰুবুৰীয়াৰ লগত ইমান সহজাত আৰু
ঘনিষ্টভাবে মিলিত হৈছিল, যেন
তেওঁ দেশৰ ৰাষ্ট্ৰপতি নহয়, যেন
তেওঁ এইখন গাঁৱৰ সাধাৰণ সদস্য বা সভাপতি। ইয়াতেই কালামৰ মহত্ত্ব যে হঠাৎ ইমান
ডাঙৰ পদত অধিষ্ঠিত হোৱাৰ পাছতো নিজৰ মূলৰ লগত সম্বন্ধ ত্যাগ কৰা নাছিল আৰু অভিমানে
তেওঁক স্পর্শ কৰিবপৰা নাছিল। ইয়াৰ কাৰণে তেওঁৰ পৰিয়ালৰ সকলো সদস্য গর্বিত।
ককায়েক মুথু মীৰণে কৈছে যে, এয়া কালামৰ অসাধাৰণ যোগ্যতাৰ প্ৰমাণ
আৰু পৰিয়ালৰ ওপৰত আল্লাহৰ কৰুণাৰ পৰিচয়। বৰ্তমানেও এমহলীয়া ঘৰত বসবাস কৰা তেওঁৰ
পৰিয়ালবৰ্গই কৈছে যে, কালাম
ভাৰতৰত্ন পদবীৰে সন্মানিত হোৱাৰ পাছত তেওঁলোক যিমান আনন্দিত হৈছিল তাতকৈ অধিক
আনন্দ এতিয়াহে হৈ আছে। মুথুব মতে,
তেওঁৰ ভায়েক স্পষ্টবাদী আৰু সবল। সৰল জীৱন আৰু উচ্চ চিন্তা তেওঁৰ
জীৱন শৈলী। ল'ৰালিত
কালামে যিখন মেজত বহি লেখা-পঢ়া কৰিছিল এতিয়ালৈকে সেইখন মেজ সেইটো কোঠালিতে আছে।
কালাম যেতিয়া ঘৰলৈ আহিছিল, সেইখন
মেজ ব্যৱহাৰ কৰিছিল। কালাম ঘৰলৈ আহিলে জাতি-ধর্ম-বর্ণ নির্বিশেষে ৰামেশ্বৰৰ্মৰ
সকলো মানুহ আহি তেওঁক শুভকামনা জনাইছিল। ৬০ কালাম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ
পাছত পৰিয়ালৰ মানুহ খুবেই ব্যক্ত হ'ব লগা ৈৈহছিল। কাৰণ কালামক শুভেচ্ছা জনাবলৈ অহা মানুহ আৰু মিডিয়াৰ
লোকৰ লানি লাগি নিছিগা সোঁত বৈছিল।
মুথুই কৈছে যে, অধ্যয়নৰ সময়ত কালাম খুবেই আর্থিক
সমস্যাৰ সন্মুখীন হ'ব
লগা হৈছিল। ইয়াৰ বাবেইতো তেওঁ তপস্যাৰ বলত আজি ইমান মহান গৌৰৱৰ অধিকাৰী হ'ব পাৰিছে। তেওঁ কৈছে- যেতিয়া মই নামাজ
আদায় কৰিছিলো, তেতিয়া
কালামে আশীর্বাদ বিচাৰিছিল যাতে তেওঁ ইমান মহান দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব পাৰে। কালামে সেই গুৰু দায়িত্ব
সফলতাৰে পালন কৰিব পাৰিব বুলি ককায়েকৰ সম্পূৰ্ণ বিশ্বাস আছিল। মাথোন এয়াই নহয়, কালামে আৰু অধিক খ্যাতি অৰ্জন কৰাৰ
লগতে সকলো ক্ষেত্ৰতে দেশৰ নাম উজলাব পাৰিব বুলিও তেওঁ বিশ্বাস কৰিছিল। মুথুই কৈছে, যে কালাম ল'বালিকোবাই অধ্যয়নশীল আছিল। ল'ৰালিত তেওঁ খুড়াকৰ পুতেক চামচুদ্দীনক
বাতৰি কাকত বিক্ৰী কৰা কামত সহায় কৰিছিল। ল'বালিৰে পৰাই কালামৰ খেল-ধেমালি, বীণা বজোৱা আৰু সংস্কৃতত শ্ৰীমদ্ভাগৱতগীতা অধ্যয়নৰ প্ৰতি ৰুচি আছিল।
এজন মুছলমান হোৱাৰ পাছতো তেওঁ চহৰৰ ৰামনাথস্বামী মন্দিৰৰ উৎসৱত অংশ গ্রহণ কৰিছিল।
মন্দিৰ প্ৰশাসনৰ তৰফৰ পৰা পোংগল আৰু দেৱালীত তেওঁৰ পৰিয়ালৰ লোকক প্ৰসাদ প্ৰদান
কৰা হৈছিল; কিন্তু
১৯৬৮ চনৰপৰা সেই পৰম্পৰা কোনো ধৰণৰ আগজাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হৈছে। ফলত
তেওঁৰ পৰিয়ালে এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ কথাও ভাবিছিল; কিন্তু দেউতাকে এনেকুৱা কাম কৰিবলৈ
নিষেধ কৰিছিল। তেওঁৰ দেউতাকৰ ১৯৭২ চনত আৰু মাকৰ ১৯৭৬ চনত দেহাৱসান হৈছে। মন্দিৰৰ
ঘটনা ৰোমন্থন কৰি মুধুই কৈছে যে,
ভগবানে পুনৰ তেওঁৰ পৰিয়াললৈ আনন্দৰ লহৰ বোৱাই আনিছে। তেওঁ কৈছে যে, কালামৰ ল'ৰালি আৰু যুৱাৱস্থাৰ বন্ধু স্বাধীনতা
সংগ্রামী এচ, টি, আৰ মণিক্কমে কালামক সদায় উৎসাহিত
কৰিছিল। কালামে মণিকমৰ পুথিভড়ালৰপৰা কিতাপ আনি পঢ়িছিল। কালাম জীবিত থকালৈকে
মণিক্কমক আন্না ভাই বুলি সম্বোধন কৰি গৈছে।
কর্তব্য
পৰায়ণতা-কালাম শূন্যৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি পদত
অধিষ্ঠিত হৈছিল। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব কৰ্তব্যৰ প্ৰতি থকা তেওঁৰ নিষ্ঠাৰ। এজন
বিদ্যার্থী, এগৰাকী
শিক্ষক, সংস্কাৰক, বৈজ্ঞানিক, প্রশাসক আদি সকলো ধৰণৰ ভূমিকাত তেওঁ
কৰ্তব্যপৰায়ণতাক সকলোতকৈ উৰ্দ্ধত স্থান দিছিল। ইয়াৰ কাৰণেই ড০ কালাম নিজৰ
কৰ্মজীৱনত যি ক্ষেত্ৰ আৰু স্থানতে কাম নকৰক কিয় তাতেই তেওঁ কৰ্ম সংস্কৃতি স্থাপন
কৰিব পাৰিছিল। ইয়াৰ কাৰণে এই উদাহৰণ দিয়াই পর্যাপ্ত হ'ব যে, কালাম বিজ্ঞানৰ ক্ষেত্ৰত সদায় সংস্কাৰৰ পক্ষপাতি আছিল। শৈক্ষিক
সংস্থাৰপৰা জানিব পৰা যায় যে, তেওঁ
মহাবিদ্যালয় স্তৰৰ ছাত্ৰৰ লগত বিজ্ঞান বিষয়ত মত বিনিময় কৰিছিল আৰু অৱসৰ গ্ৰহণ
কৰাৰ পাছত এক লাখতকৈও অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰিবলৈ লক্ষ্য
স্থিৰ কৰি লৈছিল। বিজ্ঞানক পেচা হিচাপে গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰাটোৱে আছিল এই
মত বিনিময়ৰ লক্ষ্য। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ ৪০,০০০ জন ছাত্ৰ-ছাত্ৰীৰ লগত সম্পর্ক স্থাপন তথা কথা-বতৰা পাতিবলৈ সক্ষম
হৈছিল। ছাত্ৰ-ছাত্ৰীৰ লগত কথা-বতৰা পতা সময়ছোৱাক তেওঁ নিজৰ জীৱনৰ সুখপ্রদ ক্ষণ
বুলি ধাৰণা কৰিছিল। একেদৰে বিকলাংগ ল'ৰা-ছোৱালীৰ কাৰণে তেওঁ সদায় কিবা এটা কৰিব বিচাৰিছিল আৰু সিহঁতৰ কাৰণে
পেং নিৰ্মাণ কৰি উলিয়াইছিল। এই পেং নির্মাণকে তেওঁ তেওঁৰ জীৱনৰ অতি ৰোমাঞ্চকাৰী
মুহূর্ত বুলি উল্লেখ কৰি গৈছে।
কামৰ প্ৰতি
নিষ্ঠাঃ কামেই ধৰ্ম আৰু কামেই পূজা এই সিদ্ধান্তৰ
আধাৰত ড০ কালাম আজীৱন অতিবাহিত কৰি গৈছে। দেউতাকৰ মৃত্যুৰ পাছতো তেওঁ মাথোন এদিনৰ
ছুটী লৈছিল আৰু তেওঁৰ নিজৰ মৃত্যুৰ পাছত যাতে কোনো ধৰণৰ চৰকাৰী ছুটী ঘোষণা কৰা
নহয় সেই কথা কৈ গৈছিল। তেওঁ প্রত্যেক দিন নির্ধাৰিত সময়তকৈও অধিক সময়
প্রয়োগশালা আৰু কৰ্মস্থলত কাম কৰি গৈছে। তেওঁৰ কাৰ্যনিষ্ঠাৰ কাৰণেই জ্যেষ্ঠ
বৈজ্ঞানিকসকলে তেওঁক অতি সন্মান কৰিছিল আৰু সহযোগিতাৰ হাত আগবঢ়াইছিল। কাম
সম্পূৰ্ণ কৰাৰ আগতে তেওঁ কেতিয়াও সন্তুষ্টি প্রকাশ কৰা নাছিল।
পৰিশ্রমীঃ-৬০
কালাম এনেকুৱা এগৰাকী ৰাষ্ট্ৰপতি আছিল, যিজনে শাৰীৰিক আৰু মানসিক শ্ৰমৰ মাজত কোনো ধৰণৰ ভেদভাব পোষণ নকৰিছিল।
তেওঁৰ কাৰণে শাৰীৰিক শ্ৰম অসন্মানৰ নাছিল। ক'বলৈ গ'লে
ড০ কালাম আজীৱন শাৰীৰিক শ্ৰম কৰি গৈছে। তেওঁ ছাত্ৰাৱস্থাত মাইলৰ পাছত মাইল
খোজকাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰিছিল আৰু সফলতাৰ উচ্চশিখৰত আৰোহণ কৰিও শাৰীৰিক
শ্ৰমৰপৰা আঁতৰি থকা নাছিল। ড০ কালাম ল'ৰালিৰেপৰাই স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী হিচাপে প্রসিদ্ধ আছিল। কেতিয়াবা
কেতিয়াবা তেওঁ দিনত ১৮ ঘণ্টা কাম কৰিছিল। তেওঁ শিশুৰ দৰে সৰল আৰু নম্ৰ আছিল।
তেওঁৰ সহপাঠী আৰু হায়দাবাদস্থিত প্ৰতিৰক্ষা সংস্কাৰ সংস্থা তথা প্ৰয়োগশালাৰ
পূৰ্বৰ সহঃ নির্দেশক কে, ৰামবারে
কৈছে- মই তেওঁক ত্ৰিছ বছৰতকৈও অধিক কালৰপৰা জানো, কিন্তু মই তেওঁৰ মাজত কোনো ধৰণৰ পার্থক্য দেখা নাই। তেওঁ আজিও
তেনেকুৱা সৰল আৰু অহংকাৰশূন্য যিদৰে ১৯৫৪ চনত মোৰ লগত একেটা কোঠালিত থকাৰ সময়ত
আছিল। ১৯৮০ চনত মোৰ অধিকাৰী বিষয়া হোৱাৰ সময়তো তেওঁ সবল আৰু অহংকাৰশূন্য আছিল।
তেওঁ ৰাতি বহুপৰলৈকে কাম কৰিছিল। তেওঁ যে নিৰামিষভোজী তথা মুছলমান এই কথাৰ সংকেত
তেওঁ কেতিয়াও দিয়া নাছিল। সাহিত্য আৰু তামিল ভাষার প্রতি তেওঁৰ আজীৱন গভীৰ প্ৰেম
আছিল। যিদিনা তামিল পত্রিকা আহিব লগা আছিল তেওঁ দৌৰি ৰে'ল ষ্টেচনলৈ গৈছিল আৰু পত্রিকা কিনি
আনিছিল। প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা আৰু বিকাশ মন্ত্রণালয়ৰ নিৰ্দেশক হিচাপে
কৰ্মৰত হোৱাৰ পাছৰপৰা তেওঁ ৰুদ্ৰীণা বজাবলৈ আৰম্ভ কৰিছিল আৰু এজন শিক্ষকৰ ওচৰত
কদ্ৰবীণা বজাবলৈ শিকিছিল।
সংগীত প্রিয়ঃ-
ড০ কালাম প্ৰথমৰ পৰাই সংগীত প্ৰিয় আছিল। তেওঁ এক সংগীত সমাৰোহত সন্ত ত্যাগৰাজৰ
কেইটামান বিশেষ কৃতি নিৰ্মাণ কৰিব খুজিছিল। সেইবোৰ কৃতি তেওঁৰ অত্যন্ত প্রিয়
আছিল। সেই কৃতি-প্ৰেমৰপৰা তেওঁৰ নম্ৰতাৰ কথা উপলব্ধি কৰিব পাৰি, তাত কোৱা হৈছে যে, মই সমস্ত গুৰুক প্রণাম কৰোঁ।
যিদিনা তেওঁ ভাৰত ৰত্ন উপাধিৰ কাৰণে
ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল সিদিনা তৈওঁ সংগীত প্ৰেমৰ এক অনন্য উদাহৰণ দাঙি ধৰিছিল।
সিদিনা তেওঁৰ লগত প্ৰসিদ্ধ গায়িকা শুভলক্ষ্মী আছিল। ড০ কালামে তেওঁৰ চৰণ স্পৰ্শ
কৰি কৈছিল- 'আপুনি
মহান সংগীতজ্ঞ।'
সৰল স্বভাৱঃ- ৬০
কালাম সৰল স্বভাৱৰ আছিল আৰু অহংকাৰে তেওঁক কেতিয়াও স্পৰ্শ কৰিবপৰা নাছিল। ইয়াৰ
কাৰণে এটি ঘটনা স্মৰণ কৰা যাব পাবে। তেওঁক যেতিয়া ভাৰত ৰত্ন উপাধি প্ৰদান কৰা
হৈছিল তেতিয়া মোলায়ম সিং যাদৱ প্রতিবক্ষা মন্ত্ৰী আছিল। শ্ৰী যাদৱ স্বয়ং কালামৰ
ঘৰলৈ গৈ শুভেচ্ছা জনাব খুজিছিল,
কিন্তু এই ক্ষেত্ৰত প্ৰটকল হেঙাৰ হৈ থিয় দিলে। ড০ কালাম এই বিষয়ে
অবগত হৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ তালৈ শুভেচ্ছা স্বীকাৰ কৰিবলৈ গৈছিল। এই ঘটনাৰপৰা এই
কথা উপলব্ধি কৰিবলৈ অসুবিধা নহয় যে, ড০ কালামৰ জীবন কিমান সৰল আৰু নম্ৰ আছিল। ভাৰত বত্ন সন্মানেৰে
সন্মানিত হোৱাৰ পাছতো তেওঁ মুঠেই অহংকাৰ কৰা নাছিল।
বিদেশলৈ গৈ
উচ্চশিক্ষা আহৰণ সম্পৰ্কে কালামৰ মতঃ এদিন ৬০ কালাম
নিজৰ কাৰ্যালয়ত এজন সহযোগিৰ লগত আলোচনা কৰি আছিল। 'বিদেশলৈ গৈ উচ্চশিক্ষা আহণ' আছিল আলোচনাৰ বিষয় বস্তু। জ্ঞানার্জনৰ কাৰণে বিদেশলৈ অধ্যয়ন কৰিবলৈ
যোৱাৰ কোনো প্রয়োজন নাই বুলি তেওঁ মতপোষণ কৰিছিল। তেওঁৰ মতে, দেশপ্ৰেমৰ ভাৱনা আৰু প্ৰকৃত নিষ্ঠাৰে কাম
কৰিলে নিজৰ মাতৃভূমিত গ্রহণ কৰা শিক্ষায়ো সাৰ্থক ফল প্ৰদান কৰিব পাৰে। এই কথা
তেওঁ নিজৰ জীৱনত প্ৰমাণ কৰি দেখুৱাই গৈছে। কাৰণ নিজৰ দেশত শিক্ষা গ্ৰহণ কৰিও তেওঁ
বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মিছাইল বিশেষজ্ঞসকলৰ এগৰাকী আছিল। দৰাচলতে কালাম প্রতিভা
পলায়নক লৈ খুবেই চিন্তিত আছিল। প্ৰতিভা পলায়ন ৰোধ কৰাৰ কাৰণে তেওঁ যুৱকসকলৰ
হৃদয়ত দেশভক্তিৰ ভাৱনা দৃঢ় কৰিব বিচাৰিছিল।
অন্ধবিশ্বাসৰ
পৰা মুক্ত :- ৰাষ্ট্ৰপতি পদৰ কাৰণে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক
মৰ্চাই তেওঁক প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত উদ্যোগ আৰু দূৰসঞ্চাৰ মন্ত্রী প্রমোদ
মহাজনে ফোনত সুধিছিল, তেওঁ
কোনটো শুভদিনত মনোনয়ন পত্র দাখিল কৰিব বিচাৰে? ড০ কালামে তেতিয়া কৈছিল- পৃথিবী নিজেই নিজৰ অক্ষৰ ওপৰত ঘূৰে, যাৰ ফলত দিন-ৰাতি হয়। পৃথিবীয়ে
সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। সূৰ্যৰ চাৰিওফালে পূর্ণ প্ৰদক্ষিণ কৰিবলৈ পৃথিবীৰ
চাৰি বছৰ লাগে। যেতিয়ালৈকে এই দুটা পৰিঘটনা জ্যোতিষীয় ( Astrology) নহয় আৰু যেতিয়ালৈকে এই ভৌগোলীয় ঘটনা
ঘটি থাকিব, তেতিয়ালৈকে
প্ৰতিটো দিনেই মোৰ কাৰণে শুভ।
এটি কাহিনী কথিত আছে যে, ইচৰো'ৰ পৰা ড০ বিক্ৰম চাৰাভাই আৰু ড০ কালামে যেতিয়া প্ৰথমটো উপগ্রহ
উৎক্ষেপন কেন্দ্ৰৰ কাৰণে স্থান বিচাৰি আছিল, তেতিয়া বহু বিচাৰ-খোচাৰ আৰু অন্বেষণৰ পাছত কেৰালাৰ ৰাজধানী
ত্রিবান্দ্ৰমৰ ওচৰৰ এডোখৰ ঠাই ইয়াৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰা হৈছিল। কিন্তু
অসুবধিা হ'ল
তাত এটি গির্জা আছিল। তাত কেনেকৈ কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰিব পৰা যায় ইয়াকে
লৈ ড০ বিক্ৰম চাৰাভাই আৰু ড০ কালাম দোদোৰ-মোধোৰত পৰিছিল। শেষত উভয়ে গির্জার
পাদ্রীৰ লগত সাক্ষাৎ কৰি ক'লে
যে, সেই ঠাইডোখৰ
দেশৰ এক অতি মহত্বপূৰ্ণ কামৰ কাৰণে খুবেই জৰুৰী। প্ৰথমতে পাদ্রীয়ে কথাটোত আপত্তি
কৰি ক'লে- সেই ঠাইডোখৰ
ঈশ্বৰৰ, তাক কেনেকৈ দিব
পৰা যাব। শেষত তেওঁ কিবা ভাবি ক'লৈযে, তেওঁ ইয়াৰ সিদ্ধান্ত গির্জাত আয়োজিত
প্রার্থনা সভাৰ পাছত জনাব। সভাৰ পাছত পাদ্রীয়ে সহর্ষে ভূমিডোখৰ ইচবোক দিব বুলি
সিন্ধান্ত শুনালে। ড০ কালামে নিজৰ প্ৰথম উপগ্ৰহৰ ডিজাইন এইটো গির্জাত বহিয়ে
কৰিছিল।
মাটিৰ লগত
সম্পৰ্কঃ- ড০ কালাম মাটিৰ লগত সম্পর্কিত ব্যক্তি আছিল।
সেয়ে দৰিদ্ৰ আৰু উপেক্ষিতক লৈ তেওঁৰ চিন্তা-ভাৱনা অধিক আছিল। কালামৰ মতে, ভাৰত দুই ধৰণৰ সমস্যাৰ লগত মোকাবিলা
কৰিব লগা হৈছে। এফালে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই ব্যাপক হারে যুদ্ধাস্ত্ৰ আহৰণ কৰাৰ
লগতে তেওঁলোকৰ পৰমাণু বোমা আৰু মিছাইল কাৰ্যক্ৰমক গোপনে শক্তিশালী কৰি আছে আৰু
আনফালে আমাৰ স্বদেশী প্রযুক্তিক দুর্বল কৰাৰ কাৰণে যথাসম্ভৱ প্ৰয়াস কৰি আছে। এই
দুই সমস্যাৰ লগত যুঁজিবলৈ এটাই মাথোন ৰাস্তা আছে, যে আমি নিজৰ স্বদেশী প্রযুক্তিক উন্নত কৰি আত্মনিৰ্ভৰ হ'ব লাগিব। প্রযুক্তিয়ে মাথোন উচ্চ
প্রযুক্তি প্ৰণালী আৰু উৎপাদনৰ ক্ষেত্ৰতে সহায় নকৰে- আর্থিক উন্নতি আৰু
ৰাষ্ট্ৰীয় বিকাশৰ ক্ষেত্ৰতো মুখ্য ইঞ্জিন হিচাপে কাৰ্য করে। তথ্য-প্ৰযুক্তিৰ বলতে
পশ্চিমৰ বিকশিত দেশসমূহ উদ্যোগিক- আৰ্থিক বিকাশৰ দিশত দ্ৰুত গতিত আগবাঢ়ি আছে।
বর্তমান বিশ্ব পৰিদৃশ্যত শক্তিয়েহে শক্তিক সন্মান কৰে। এই কথাত সন্দেহ নাই যে উদ্যোগিক
বিকাশেই ভাৰতৰ একমাত্ৰ পুঁজি, যাৰ
জৰিয়তে দ্রুত আর্থিক শক্তি আহৰণ কৰিব পৰা যাব পাৰে। উদ্যোগিক প্রবীণতা আৰু
আত্মনিৰ্ভৰতা সম্প্ৰতি সময়ৰ আহ্বান। আমি বহু উচ্চ উদ্যোগিক প্ৰণালী প্ৰদৰ্শন
কৰিবলৈ সক্ষম হৈছো। আমি সফলতাৰে পৰমাণু পৰীক্ষা সংঘটিত কৰিছো, অগ্নি মিছাইলৰ সফল পৰীক্ষা কৰিছো।
এইবোৰ বিকাশে আমাৰ ইচ্ছা শক্তিক দর্শাইছে। আমি সম্প্রতি বিদেশী শক্তিৰপৰা দেশক
ৰক্ষা কৰিবলৈ সক্ষম আৰু বিদেশ নীতি নিৰ্দ্ধাৰণ কৰিবলৈ আমি সম্পূর্ণভাবে স্বতন্ত্র।
ড০ কালামৰ মতে, শক্তিৰ প্রয়োজন মাথোন দেশৰ সুৰক্ষাৰ
বাবেই নহয়- খাদ্যান্ন, আর্থিক
আৰু সামাজিক সুৰক্ষাৰ বাবেও শক্তিৰ প্রয়োজন। ড০ কালামে কৈছে- এই কথা স্মৰণ কৰিয়ে
মই ইণ্ডিয়া 2020 – 'ভিজন
ফৰ দ্যা নিউ মিলেনিয়াম' শীর্ষক
গ্ৰন্থখন লেখিছো। মই ৰাষ্ট্ৰৰ স্বতন্ত্ৰতাক প্রথম ভিজন বুলি মানো। স্বতন্ত্ৰতাৰ
কাৰণে ৯০ বছৰ আন্দোলন কৰিব লগা হৈছে। ইয়াৰ বাবে বিদেশী শক্তিক দেশৰপৰা বিতাড়নৰ
কাৰণে কে'বা ধৰণৰ উপায়
অৱলম্বন কৰা হৈছিল। এই ভিজনৰ ফলত ৰাজনৈতিক নৈতাৰ বাহিৰেও বহু বৈজ্ঞানিক, উদ্যোগপতি, অর্থনীতিবিদ আৰু সাহিত্যিক সৃষ্টি
কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ১৯২০-২৫ চনৰ ভিতৰত ভাৰতত বহু মহত্বপূর্ণ
ঘটনা সংঘটিত হৈছে। বহু ভাৰতীয় বৈজ্ঞানিকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত হৈছে।
অধ্যাপক জগদীশ চন্দ্ৰ বসু. চি ভি ৰমন, মেঘনাথ সাহা, শ্ৰীনিৱাস
ৰামানুজন আৰু সুব্রমণিয়াম চন্দ্ৰশেখৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ।
১৯৪৭ চনত ভাৰত স্বাধীন হৈছে। কিন্তু
ভাৰতৰ গাত এতিয়াও বিকাশশীলতাৰ লেবেল লগোৱা আছে। ইয়াৰ কাৰণ ভাৰত আর্থিক
দৃষ্টিকোণৰপৰা দুৰ্বল আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ নহয়। ভৌগোলিক
দৃষ্টিকোণৰ ফালৰপৰা বৃহৎ আৰু স্বয়ংনির্ভৰ হোৱাৰ পাছতো বিশ্বত ভাৰতৰ বিশেষ কোনো
স্থান নাই। সম্প্রতি আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্ন এয়ে যে, আমি বিকাশশীল ভাৰতক দুটা দহকত ভৌতিক
আৰু আধ্যাত্মিক দৃষ্টিৰপৰা কেনেকৈ বিকশিত ভাৰতলৈ ৰূপান্তৰ কৰিম? স্বতন্ত্রতা আমাৰ প্ৰথম 'ভিজন' আছিল- য'ৰপৰা
দেশ আৰু জনতার অনুভূতি জাগ্ৰত হৈছে। স্বতন্ত্ৰতাৰ এই ভিটিৰ ওপৰত আমি দ্বিতীয় 'ভিজন' নিৰ্মাণ কৰাটো জৰুৰী হৈ পৰিছে। মোৰ দ্বিতীয় 'ভিজন' হৈছে বিকাশ। ইয়াৰ জৰিয়তে আমি আর্থিক, খাদ্যান্ন আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব পাৰিম আৰু বিকশিত ভাৰত নিৰ্মাণ কৰিব
পাৰিম।
ড০ কালামে কৈছে, স্বাধীনতা আন্দোলনৰ পাছত এয়া দেশৰ
কাৰণে দ্বিতীয় মহত্ত্বপূর্ণ আন্দোলন। আন্দোলনত প্ৰতিজন ব্যক্তিৰ ভুমিকা থাকে। ‘টেকনোলজি ইনফৰমেশন ফৰ কাষ্টিং এণ্ড
এচেচমেণ্ট কাউন্সিল (টিআইএফএচি)ৰ দলিল 'টেকনোলজি ভিজন-২০২০'ত
পাঁচটা ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। আমি আর্থিক উদ্যোগৰ ক্ষেত্ৰখনক এই আন্দোলনৰ
লগত সাঙুৰিব পাৰো। উদাহৰণ স্বৰূপে কৃষি তথা খাদ্যান্ন উৎপাদনৰ ক্ষেত্ৰত সংস্কাৰ
সাধন আৰু সমগ্ৰ দেশত বিজুলি, শিক্ষা
আৰু স্বাস্থ্য, সূচনা
প্রযুক্তি আৰু সামৰিক ক্ষেত্ৰখনৰ কথা ক'ব পাৰো।
ড০ কালামে কৈছে- দেশৰ সপোন বাস্তৱায়িত
কৰাৰ ক্ষেত্ৰত প্ৰতিজন ভাৰতীয়ই কেনেকৈ যোগদান কৰিব পাৰে সেই সন্দৰ্ভত মই
বিনম্ৰতাৰে পৰামৰ্শ দিব বিচাৰো। মই দেশৰ বহু অৰ্থনীতিবিদ, কৃষি বিশেষজ্ঞ, প্রযুক্তিবিদ, উদ্যোগপতি, চৰকাৰৰ জ্যেষ্ঠ প্রশাসনিক অধিকাৰী, স্বেচ্ছাসেৱী সংগঠন, মিডিয়া আৰু ৰাজনৈতিক নেতাৰ লগত আলোচনা
কৰিছো। আলোচনাৰ পাছত অনুভৱ কৰিছো যে, উপৰোক্ত পাঁচটা ক্ষেত্রই বিকশিত ভাৰত নিৰ্মাণৰ দিশত ডাঙৰ আন্দোলনৰ
নেতৃত্ব প্রদান কৰিব পাৰে। আগন্তুক দুটা দহকত যাতে কমপক্ষে ৩৬ কোটি টন খাদ্যন্ন
উৎপাদন কৰিব পাৰে ভাৰতৰ এই মিছন হোৱা উচিত। এই মিছনে সংস্কাৰ, উদ্যোগিক বিকাশ, কৃষি সেৱা বিস্তাৰ, বিপণনৰ মুখ্যতত্ত্ব মজবুত আৰু বিতৰণৰ
ক্ষেত্ৰত বিৰাট ক্রান্তিৰ দাবী কৰিব পাৰে।
বিদ্যুৎ বুনিয়াদী ভেটিৰ মুখ্য অংশ।
বিদ্যুৎ শক্তি উপলব্ধতাৰ লগত দেশৰ ঘৰুৱা উৎপাদনৰ গভীৰ সম্বন্ধ আছে। সম্প্রতি আমি
৮৫ হাজাৰ মেগাৱাট বিজুলি উৎপাদন কৰি আছো। ইয়াৰে মাথোন ৩২ হাজাৰ মেগাৱাটহে
উপভোক্তাই লাভ কৰে। বিজুলিৰ চাহিদা যেতিয়া আটাইতকৈ অধিক বৃদ্ধি পায় তেতিয়া ১৫
শতাংশ বিদ্যুৎ ঘাটি হয়। বিভিন্ন ক্ষেত্ৰত সদায় অধিক বিজুলিৰ চাহিদা থকা দেখা
যায়। বিজুলিৰ আৱশ্যকতাক গুণাত্মক ৰূপত বঢ়াব লাগিব। আমি অতি সোনকালে কয়লা, গেছ, পানী, আণৱিক
আৰু ইন্ধনৰ অপৰম্পৰাগত উৎসৰপৰা বিজুলি উৎপাদন কৰাটো আৱশ্যক।
শিক্ষা আৰু
জনসাধাৰণৰ স্বাস্থ্যঃ- শিক্ষা আৰু জনসাধাৰণৰ স্বাস্থ্যৰ
চিন্তা তেওঁ এইদৰে ব্যক্ত কৰিছে- মোৰ গ্ৰন্থ ইণ্ডিয়া-‘2020ঃ ভিজন ফর দ্যা নিউ মিলেনিয়াম
"ত কুণ্ডু আৰু কৰুঞ্জন নামৰ দুজন দুখীয়া আৰু অশিক্ষিত পাত্র আছে। এনেকুৱা ৬০
শতাংশ মানুহ ভাৰতবৰ্ষত আছে। এইসকল মানুহে কঠোৰ পৰিশ্ৰম কৰিব বিচাৰে, কিন্তু অশিক্ষাৰ কাৰণে এইসকল মানুহে
পোৱা অৱসৰ সময় ব্যৱহাৰ কৰিব নোৱাৰে। যাৰ কাৰণে তেওঁলোকৰ ভাল ৰোজগাৰ নহয় আৰু
তেওঁলোকৰ জীৱন-স্তৰ উন্নত নহয়। কুধু আৰু কৰুঞ্জনৰ দৰে অশিক্ষিত মানুহক শিক্ষিত
কৰিব লাগিব। দুখীয়া আৰু অশিক্ষিত মানুহ স্বাস্থ্য সেৱাৰ অভাৱত দুৰ্বল হৈ পৰে।
তেওঁলোকৰ কাম কৰাৰ ক্ষমতা লোপ পায়। কিয়, আমি এই দুঃচক্ৰক ভাঙিব নোৱাৰোনে?
ভাৰতবৰ্ষত প্ৰচলিত শিক্ষা প্ৰণালীৰ ফলত
গাঁও, সৰু নগৰ আৰু
চহৰত চলি থকা স্কুল আৰু অন্যান্য সংস্থাসমূহ গুণগত শিক্ষা প্ৰদানত সক্ষম নহয়।
ইয়াৰ কাৰণে আমি কিছুমান গাঁৱলৈ গৈ গাঁৱসমূহ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। ৰাস্তা
আৰু সঞ্চাৰ মাধ্যমৰ জৰিয়তে এইসমূহ গাঁও ইখনৰ লগত সিখন সংযোগ কৰাৰ পাছত চহৰৰ লগত
সংযোগ কৰিব লাগিব। এই গাঁওসমূহ গুণগত শিক্ষাৰ কেন্দ্ৰ হ'ব। ইয়াত স্বাস্থ্যসেৱাও উপলব্ধ হ'ব।
এইদৰে সূচনা প্রযুক্তি সম্বন্ধে কালামৰ
বিচাৰ সম্পূৰ্ণভাবে স্পষ্ট। এই সন্দৰ্ভত তেওঁ কৈছে- ‘টেকনোলজি ভিজন' দস্তাৱেজত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু
সূচনা প্রাদ্যোগিকী উৎপাদন তথা সেৱাৰ মহত্ব দেখুৱা হৈছে। সৌভাগ্য যে, এটা দহকৰ ভিতৰত ভাৰতক সূচনা উদ্যোগত শক্তিশালী
কৰাৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰত সিদ্ধান্ত লোৱা হৈছে। আমি আটায়ে ধাৰণা কৰো যে, আমাৰ ইয়াত উচ্চস্তৰৰ ছফ্টৱেৰৰ
পৰ্যাপ্ত বৌদ্ধিক ক্ষমতা আছে।
সামাজিক ক্ষেত্ৰৰ বিষয়ে ড০ কালাম
স্বীকাৰ কৰে যে, 'বিকশিত
ভাৰত নিৰ্মাণৰ কাৰণে ৰাষ্ট্ৰীয় সুৰক্ষা মিছনো সমানে মহত্বপূর্ণ। সেই কাৰণে মোৰ
তৃতীয় ভিজন হ'ল, ভাৰত বিশ্বৰ এখন শক্তিশালী দেশ হওঁক।
আমি প্ৰতিৰক্ষা শক্তিৰ লগতে আর্থিক শক্তিতো শক্তিশালী হোৱাটো জৰুৰী। মই স্বীকাৰ
কৰো যে, ভাৰত
যেতিয়ালৈকে শক্তিশালী নহ'ব, তেতিয়ালৈকে তাক কোনেও সম্মান নকৰিব।
সম্প্রতি বিশ্বত ভয় নাইবা শংকাৰ কোনো স্থান নাই। সেয়ে আজিৰ পৰিস্থিতিত
ৰাষ্ট্ৰীয় সুৰক্ষা দেশৰ উদ্যোগিক শক্তিত নিহিত হৈ আছে। ইয়াৰ পৰাই আমি প্রকৃত
শক্তি আহৰণ কৰিব পাৰিম। সেই শক্তিয়ে আগলৈ গৈ অন্তৰীক্ষ, উচ্চ ইলেক্ট্ৰ'নিক উদ্যোগ বিস্তাৰ কৰিব। সেই উদ্যোগক
বিশ্বৰ বজাৰত যশস্যা (সমাদৰ) প্ৰাপ্তিৰ কাৰণে বজাবোন্মুখ কৰি গঢ়ি তোলাটো আৱশ্যক হ'ব। উদাহৰণ স্বৰূপে, ভাবতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাত সৰু
সৰু বিমান নিৰ্মাণ কৰাটো আৱশ্যক। এইদৰে আমি উপগ্ৰহ বিক্ৰীৰ ব্যৱসায় কৰা উচিত।
লগতে, আমি ব্যৱসায়িক
স্তৰত উপগ্রহ উৎক্ষেপন উপলব্ধ কৰাটোও আৱশ্যক। ভাৰতে বন্দুক টেংক, পাতল যুঁজাৰু বিমান, বাছকবনীয়া মিছাইলৰ বিপণনক আক্রমণাত্মক
হিচাপে গঢ়ি তোলাটো জৰুৰী। আমি আত্মনিৰ্ভৰতাক বিশ্ব বজাৰৰ লগত সামঞ্জস্যপূৰ্ণ কৰি
গঢ়ি তোলা আৱশ্যক। সম্প্ৰতি স্বদেশী সুৰক্ষা প্ৰণালীৰ ক্ষেত্ৰত প্ৰতিৰক্ষা
মন্ত্রণালয় ৩০ শতাংশ আত্মনির্ভর। ২০০৫ চনলৈ এই আত্মনিৰ্ভৰ্তা ৭০ শতাংশলৈ উন্নীত
কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব।
গুৰুৰ প্ৰতি
শ্ৰদ্ধাঃ- পোন্ধৰ বছৰীয়া কালামক শিক্ষকে বেতৰে কোবালে
হয়তো ভাৰত তথা সমগ্ৰ বিশ্বই তেওঁৰ নাম নাজানিলেহেঁতেন আৰু হয়তো ‘মিছাইল মেন' হিচাপে বিখ্যাত হ'ব নোৱাৰিলেহেঁতেন। এয়া কালাম চতুৰ্থ
শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। তেতিয়া শ্ৰেণীসমূহ একেটা কোঠালিৰ ভিতৰত বেলেগে
বেলেগে বহোৱাই পাঠদান কৰা হৈছিল। এদিন গণিতৰ শিক্ষক ৰামকৃষ্ণ আয়াবে দ্বিতীয়
শ্রেণীত গণিত শিকাই আছিল। অজ্ঞানতাবশতঃ কালাম সেই শ্ৰেণীৰ মাজেৰে পাৰ হৈ গৈছিল।
ইয়াৰ বাবে ৰামকৃষ্ণ আয়াৰ অসন্তুষ্ট হৈ কালামক বেতেৰে কোবাইছিল।
নিজৰ আত্মকথা 'অগ্নিৰ ডেউকা'ত ড০ কালামে লিখিছে- কে'বামাহ পাছত যেতিয়া মই গণিতত সম্পূর্ণ
নম্বৰ পাইছিলো, তেতিয়া
শিক্ষক আয়াৰে স্কুলৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ সময়ত কৈছিল- 'মই যাক বেতেৰে কোবাও তেওঁ মহান ব্যক্তি
হৈ যায়। মোৰ কথা স্মৰণ ৰাখিবা,
এই ছাত্ৰজনে বিদ্যালয় আৰু নিজৰ শিক্ষকৰ গৌৰৱ বৃদ্ধি কৰিব। ৰামকৃষ্ণ
আয়াৰৰ সেই ভৱিষ্যত বাণী সঁচা প্ৰমাণিত হৈ গৈছে। মিছাইল মেন কালাম ভাৰতৰ দৰে এখন
মহান দেশৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিছে। ড০ কালাম গুরু-শিষ্য সম্পর্ক পৰম্পৰাৰ
পালনকর্তা। তেওঁৰ জীৱনত আন এগৰাকী শিক্ষকৰ খুবেই প্ৰভাৱ পৰিছিল। শিক্ষকগৰাকীৰ নাম
আছিল অয়াদুৰৈ ঢোলোমন। কালামৰ মতে,
যিসকল ছাত্ৰৰ সন্মুখত তেতিয়া সম্ভাৱনা আৰু বিকল্পৰ অনিশ্চয়তা আছিল
সেইসকল ছাত্ৰৰ কাৰণে চোলোমন আছিল আদর্শ পথপ্রদর্শক। তেওঁ খুবেই স্নেহশীল আৰু মুকলি
মনৰ মানুহ আছিল আৰু ছাত্ৰসকলক উৎসাহিত কৰিছিল। তেওঁ কৈছিল যে, 'জীৱনত সফল আৰু লক্ষ্যস্থানত উপনীত হ'বলৈ হ'লে তিনিটা মুখ্য শক্তিক উপলব্ধি কৰাটো জৰুৰী- ইচ্ছা, আস্থা আৰু আশা।' ইয়াৰ পৰা মই শিকিছো যে, মই যি বিচাৰো, প্ৰথমতে তাৰ কাৰণে তীব্র কামনা কৰিব
লাগিব, তেনেহ'লে মই নিশ্চিতভাবে সেয়া পাবলৈ সক্ষম হ'ম।
কালামে স্বয়ং নিজৰ জীৱনৰ উদাহৰণ দি
লিখিছে যে, তেওঁ
ল'ৰালিৰে পৰাই
আকাশ আৰু চৰাইৰ উৰণৰ ৰহস্যৰ প্ৰতি খুবেই আকর্ষিত হৈছিল। হাড়গিলাক সাগৰৰ ওপৰেদি
আৰু বেলেগ বেলেগ চৰাইক ওখত উৰি থকা তেওঁ লক্ষ্য কৰিছিল। তেওঁ অতি বিনম্ৰতাৰে কৈছে
যে, তেওঁ খুবেই
সাধাৰণ ল'ৰা আছিল, কিন্তু তেওঁ দৃঢ় নিশ্চয় কৰিছিল যে
তেৱোঁ এদিন আকাশত উৰিব আৰু কালান্তৰত তেওঁৰ সেই সপোন সাৰ্থক হ'ল। তেওঁ নিজক আকাশত উৰা ৰামেশ্বৰমৰ
প্ৰথমজন ল'ৰা
হিচাপে প্ৰক্ষেপ কৰিবলৈ সক্ষম হ'ল।
কালামে নিজৰ ল'ৰালিৰ
বিষয়ে কৈছে, আহম্মদ
জালালুদ্দিন আৰু খুড়াকৰ পুতেক চামচুদ্দিনৰ অদ্বিতীয় অৱদান আছে তেওঁৰ ল'ৰালি জীৱনত। তেওঁলোকৰ লগ সংগৰ পৰাই
তেওঁৰ জীৱনৰ সকলো পৰিৱৰ্ত্তন সাধিত হৈছে। ড০ কালামে নিজৰ ল'ৰালিৰ ব্যৱসায়িক জ্ঞান আহৰণৰ ক্ষেত্ৰত
এই দুই ওস্তাদক কৃতজ্ঞতা জনাই কৈছে যে, ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁৰ বয়স আছিল আঠ
বছৰ আৰু তেতিয়া হঠাৎ বজাৰত তেঁতেলি গুটিৰ মূল্য বৃদ্ধি পাইছিল। ইয়াৰ কাৰণ অৱশ্যে
তেওঁ জনা নাছিল। তেওঁ এইবোৰ গুটি গোটাই মছজিদ গলিৰ এটি গেলামালৰ দোকানত বিক্ৰী
কৰিছিল আৰু তেঁতেলি গুটি বিক্ৰী কৰি তেওঁ নিতৌ এক অনাকৈ উপাৰ্জন কৰিবলৈ সক্ষম
হৈছিল। বিশ্বযুদ্ধৰ কাৰণে তেতিয়া দেশত এক ধৰণৰ জৰুৰী অৱস্থা বিৰাজ কৰিছিল। ইয়াৰ
প্ৰথম পৰিণাম স্বৰূপ ৰামেশ্বৰম ষ্টেচনত ৰে'লগাড়ী ৰখোৱাটো বন্ধ হৈ গ'ল। খুড়াকৰ পুতেক চামচুন্দিন ৰামেশ্বৰমত বাতৰি কাকতৰ একমাত্ৰ হকাৰ
আছিল। ৰে'লগাড়ী ৰখোৱা
বন্ধ হোৱাৰ পাছত ৰামেশ্বৰম আৰু ধনুষকোভিৰ মাজৰ ৰামেশ্বৰৰ্ম ৰোডত চলন্ত ৰে'লৰপৰা বাতৰি কাকতৰ টোপোলা দলিয়াই
পেলাই থৈ গৈছিল। সেই পেলাই থৈ যোৱা কাকতৰ টোপোলা উঠোৱাৰ কাৰণে চামচুদ্দিনে এজন
সহযোগী বিচাৰি আছিল। ড০ কালামে লিখিছে, এয়াই স্বাভাৱিক যে তেওঁ নিজেই চামচুদ্দিনৰ সহযোগী হৈছিল আৰু এইদৰে
তেওঁ চামচুদ্দিনৰপৰা প্ৰথম দৰমহা পাইছিল। অৰ্দ্ধ শতাব্দী কাল কালৰ বুকুত জাহ যোৱাৰ
পাছতো কালাম প্রথম পোৱা দৰমহা লৈ গৰ্ব কৰিছিল।
সৰল জীৱন উচ্চ
চিন্তন:- শান্তিপ্রিয় আৰু সবল জীৱনৰ অধিকাৰী ড০ কালামৰ
এটা সময়ত ভাল ঢোলা নাছিল। তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত দেখা
কৰিবলৈ যাওঁতে ভাল চোলা নথকাৰ কাৰণে তেওঁ সমস্যাত পৰিছিল। তেওঁ কৈছে, একে ৰঙৰ বগা কাপোৰ আৰু হাৱাই চপ্পল
পিন্ধাটো তেওঁৰ অভ্যাস আছিল। এই অভ্যাস তেওঁ আজীৱন পালন কৰি গৈছে। কালামে নিজৰ
আত্মকথা অগ্নিব ডেউকাত লিখিছে- ১৯৮০ চনৰ ৮ জুলাইত উৎক্ষেপন যান এচ এল, ভি-৩ৰ জৰিয়তে বোহিণী উপগ্রহ পৃথিবীৰ
কক্ষত সফলতাৰে স্থাপন কৰা হৈছিল। এই সফলতাৰ পাছত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে
তেওঁক দিল্লীলৈ মাতি পঠাইছিল। ইন্দিৰা গান্ধীৰ এই নিমন্ত্ৰণৰ বিষয়ে ইচবো’(Indian space Research
Organization)ৰ অধ্যক্ষ প্ৰফেছৰ সতীশ ধারনে তেওঁক জনাইছিল।
কিন্তু ইয়াৰ ফলত উৎসাহিত হোৱাৰ লগতে তেওঁ চিন্তিতও হৈছিল। তেওঁ লেখিছে- 'মোৰ সমস্যা কাপোৰ লৈ আছিল। প্ৰধান
মন্ত্ৰীৰ ওচৰলৈ যাবলৈ মোৰ সঠিক চোলা আৰু লংপেণ্ট নাছিল।' মই প্ৰফেছৰ ধারনক এই সমস্যাৰ বিষয়ে
জনোৱাত তেওঁ কৈছিল যে, তুমি
এই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো তুমি তোমাৰ সফলতাৰ দ্বাৰাই সজ্জিত হৈ আছা।
হয়তো কালামৰ এই সৰলতাৰ আঁৰত আছিল
তেওঁৰ প্ৰাৰম্ভিক জীৱন- যাৰ প্ৰভাৱ তেওঁৰ জীৱনত গভীৰভাবে পৰিছিল। ছাত্ৰাৱস্থাত
স্কুলৰ মাচুল দিয়াৰ কাৰণে কেবাবাৰো তেওঁৰ ওচৰত টকা নাছিল আৰু উচ্চশিক্ষাৰ কাৰণে
তেওঁ বাইদেৱক আছিম জাৰ চুৰী বন্ধকত থ'ব লগা হৈছিল। কালামে লিখিছে যে, ল'ৰালিত
তেওঁৰ জীৱন খুবেই সাধাৰণভাবে অতিবাহিত হৈছে। তেওঁৰ মতে মই প্ৰায়ে ৰান্ধনি ঘৰত
মাকৰ লগত মাটিত বহি আহাৰ গ্ৰহণ কৰিছিলো। তেওঁ মোৰ সন্মুখত কলপাত পাৰি দিছিল আৰু
তাৰ ওপৰত ভাত, তৰকাৰী, ঘৰত তৈয়াৰী আচাৰ আৰু নাৰিকলৰ সতেজ
চাটনী দিছিল।' নিজৰ
ল'ৰালিৰ কথা ক'বলৈ গৈ কালামে লিখিছে যে, তেতিয়া ৰামেশ্বৰৰ্মত কিতাপ দুর্লভ
আছিল আৰু তেওঁ এগৰাকী মানুহৰ ব্যক্তিগত লাইব্ৰেৰীৰপৰা কিতাপ খুজি আনি পঢ়িব লগা
হৈছিল। তেওঁৰ খুড়াকৰ পুতেক চামচুদ্দিন বাতৰি কাকতৰ হকাৰ আছিল আৰু তেওঁ ককায়েকক
কাকত বিক্ৰী কৰাত সহায় কৰিছিল। অৱশ্যে তেতিয়া তেওঁ বাতৰি কাকত পঢ়া নাছিল। মাথোন
ছবিহে চাইছিল। তেতিয়া কাকতসমূহত মাথোন যুদ্ধৰ খবৰ প্ৰকাশ পাইছিল।
কিছু ডাঙৰ হোৱাৰ পাছত কালাম অধ্যয়নৰ
কাৰণে ৰামেশ্বৰৰপৰা জিলাৰ মুখ্যস্থান ৰামানাথপুৰমলৈ আহে আৰু তাত তেওঁ স্কোৱাৰ্টজ
হাইস্কুলত ভৰ্ত্তি হয়। তেওঁ কৈছে- 'ৰামানাথপুৰমৰ সমাজ লাহ-বিলাহপূর্ণ আছিল। তাতো সমুদ্র আছিল, কিন্তু সমাজ ব্যৱস্থা ৰামেশ্বৰমৰ দৰে
সম্ভাৱপূৰ্ণ নাছিল। ফলত মোৰ ঘৰৰ কথা খুব মনত পৰিছিল। ৰামানাথপুৰমৰ লাহ-বিলাহপূর্ণ
স্কোৱাৰ্টজ হাইস্কুলত তেওঁ নাম ভৰ্ত্তি কৰে। তেওঁ কৈছে- ‘ৰামানাথপুৰমৰ সমাজ লাহ-বিলাহপূর্ণ
আছিল। তাতো সমুদ্র আছিল, কিন্তু
সমাজ ব্যৱস্থা ৰামেশ্বৰৰ্মৰ দৰে সম্ভাৱপূর্ণ নাছিল। ফলত মোৰ ঘৰৰ কথা খুব মনত
পৰিছিল। ৰামানাথপুৰমৰ লাহ-বিলাহ আৰু অধ্যয়নৰ কাৰণে ভাল অৱসৰ পোৱাৰ পাছতো মাৰ হাতৰ
তৈয়াৰী দক্ষিণ ভাৰতীয় মিঠে (পোলুৰ)ৰ কথা পাহৰিব পৰা নাছিলো। আয়ে পোলুৰপৰা বাৰ
তৰহৰ মিঠে তৈয়াৰ কৰিছিল আৰু প্ৰতিবিধ মিঠেৰ সুগোন্ধ আৰু সোৱাদ বেলেগ বেলেগ ধৰণৰ
আছিল।' কালামে কৈছে যে, তেওঁৰ দেউতাকে তেওঁক কালেক্টৰ বনাব
বিচাৰিছিল আৰু ইয়াৰ কাৰণেই তেওঁক ঘৰৰপৰা আঁতৰলৈ পঠাইছিল।
ডায়েৰী লিখাৰ
অভ্যাস:- বৃত্তিত ড০ কালম বৈজ্ঞানিক আছিল যদিও তেওঁ
এগৰাকী সংবেদন আৰু সৃজনশীল ব্যক্তি আছিল। তেওঁ সাহিত্যিক আৰু কবিৰ দৰে ডায়েৰী
লিখিছিল। সেই ডায়েৰীত মনৰ আবেগ কম অর্থাৎ বুদ্ধিৰ কৰ্ষণ অধিক কৰা হৈছিল। তথাপি
তেওঁৰ ডায়েৰীত এক ধৰণৰ চুম্বকীয় আকৰ্ষণ আছিল- এক ধৰণৰ দাৰ্শনিক মূল্য আছিল।
তেওঁৰ ডায়েৰীত বন্ধুবৰ্গৰ সংক্ষিপ্ত বিৱৰণ আছে। গূঢ় বৈজ্ঞানিক লেখাৰ সাংকেতিক
সন্দৰ্ভ আছে। ইংৰাজী আৰু তামিল কবিতাৰ পংক্তি আছে। পৰিজনৰ মংগল তিথিৰ কথাও উল্লেখ
আছে। ইয়াৰ লগতে ভৌতিক শাস্ত্ৰৰ বহু সূত্র আছে। তেওঁৰ লগত কাম কৰা বন্ধুবৰ্গই কৈছে
যে, দেশতে হওঁক বা
বিদেশতে হওঁক নাইবা ভ্ৰমণতে হওঁক অথবা ছুটীতে হওঁক তেওঁ নিয়মিতভাবে ডায়েৰী
লিখিছিল। ড০ কালামযেতিয়া হায়দাবাদস্থিত নিজৰ বাসভৱনত বাস কৰিছিল তেতিয়া তেওঁ
পুৱাৰ চাহৰ কাৰণে চাকৰক জগোৱা নাছিল। নিজে চাহ বনাই খাইছিল। চাহ খোৱাৰ পাছত এক
ঘণ্টাৰ কাৰণে ফুৰিবলৈ ওলাই গৈছিল। উভতি আহি পুনৰ চাহ খাই বাতৰি কাকত পঢ়িবলৈ
বহিছিল। তেওঁৰ ডায়েৰী লিখাৰ সময় সাধারণতঃ নিশা শুবলৈ যোৱাৰ সময়ত অর্থাৎ দহ
বজাৰপৰা এঘাৰ বজাৰ ভিতৰত আছিল। কালামৰ লগত কাম কৰা মানুহে কৈছে যে, ৰাতি তেওঁৰ কোঠালিত সদায় লাইট জ্বলি
থাকিছিল। লাইট জ্বলি থকাৰ মানে আছিল, হয়তো তেওঁ ডায়েৰী লিখি আছে, নহ'লে
বিজ্ঞান বিষয়ক কোনো লেখা পঢ়ি আছে,
নহ'লে
কিবা প্রতিবেদন প্রস্তুত কৰি আছে।
কালামক জনা তেওঁৰ বন্ধুবৰ্গই কৈছে যে, তেওঁ সদায় মিছাইলৰ মাজত বুৰ গৈ
থাকিছিল। মিছাইল নিৰ্মাণৰ সকলো প্ৰক্ৰিয়া তেওঁৰ মুখস্থ আছিল। মিছাইলৰ বিষয়ে ক'ৰবাত গুৰুত্বপূৰ্ণ কিবা সূচনা পঢ়িলে, তেওঁ ৰেখাংকিত কৰি থৈছিল আৰু পাছত নিজৰ
ডায়েৰীত লিখিছিল। ডায়েৰী লিখা অভ্যাসৰপৰা তেওঁৰ সহযোগী বৈজ্ঞানিকসকলৰো লাভ হৈছিল। বহুত কম সংখ্যক
মানুহে জানে যে, কালামে
কবিতা আৰু লঘু ৰচনা লিখিছিল। তেওঁৰ কবিতা যদিও তেওঁ কেতিয়াও ছপোৱাবলৈ দিয়া নাই, কিন্তু তেওঁ ৰচনা কৰা তামিল কবিতাৰ কথা
তেওঁৰ সকলো বন্ধুবৰ্গৰ স্মৰণ আছে। কেতিয়াবা সহযোগী বৈজ্ঞানিকসকলক তৈওঁ নিজে লিখা
সৰু সৰু প্ৰসংগ থকা কাহিনী কৈছিল। ড০ কালাম খুবেই ভাবুক প্রকৃতিৰ আছিল। তেওঁ
বেলেগলৈ লিখা চিঠিৰ পৰা এই কথা জানিব পৰা যায়। কালামৰ ডায়েৰীৰপৰা সকলো
বৈজ্ঞানিকৰ সম্পূৰ্ণ বায়’গ্ৰাফী
জানিব পৰা যায়। আইনষ্টাইনৰ সকলো সূত্ৰ, তেওঁৰ সকলো বাক্য কালামৰ ডায়েৰীত সিঁচৰতি হৈ আছে। কালামৰ ডায়েৰী
দৰাচলতে তেওঁৰ সময়ৰ আৰু তেওঁৰ নিজস্ব ধৰণৰ এক ৰচনাত্মক পৃথিবী।
সমাজ সেৱকঃ-
এবাৰ ড০ কালামৰ নিজাম ইনষ্টিটিউট অব মেডিকেল চায়েঞ্চৰ পৰীক্ষাগালৈ বিকলাংগ
বিজ্ঞানৰ এজন চাৰ্জন আহিছিল। চাৰ্জন গৰাকীয়ে এটি কৃত্রিম বস্তু দাঙিলে আৰু খুবেই
পাতল পালে। তেওঁ কালামক নিজৰ হাস্পতাললৈ লৈ গ'ল আৰু নিজৰ ৰোগীৰ লগত সাক্ষাৎ কৰোৱালে। সৰু সৰু ল'ৰা-ছোৱালীবোৰে ধাতুৰে নিৰ্মিত তিনি
কিলোগ্রাম ওজনৰ পেং লৈ ভৰি চোঁচৰাই খোজ কাঢ়ি থকা দেখি কালামৰ বৰ কষ্ট হ'ল। ইয়াৰ পাছত কালামে মাথোন তিনি
সপ্তাহৰ ভিতৰত ‘ফ্লোব
বিয়েকশন অর্থোচিচ'ৰ
মাথোন তিনিশ গ্রাম ওজনৰ পেং নিৰ্মাণ কৰি উলিয়ালে আৰু স্বয়ং নিজে সেই পেং বিকলাংগ
কেন্দ্ৰলৈ লৈ গ'ল।
তিনি কিলোগ্ৰামৰ ঠাইত মাথোন তিনিশ গ্রাম ওজনৰ পেং পাই ল'ৰা-ছোৱালীবোৰ আনন্দিত হৈ উঠিল। ড০
কালামে কৈছে যে, তেতিয়া
তেওঁৰ এক ধৰণৰ স্বৰ্গীয় অনুভূতি অনুভৱ হৈছিল; কিয়নো সিহঁতৰ(বিকলাংগসকলৰ) পিতৃ-মাতৃৰ চকুৰপৰা আনন্দৰ চকুপানী
নিগৰিছিল।
কলামৰপৰা দেশৰ খুবেই প্রত্যাশা আছিল; কিয়নো ৰাজনীতিৰ বিষাক্ত বাতাৱৰণৰ মাজত
থাকিও তেওঁ তেওঁৰ সপোনক নিজৰ পদ- মৰ্যদাৰ শক্তিৰে মূৰ্তৰূপ দিব পাৰিব বুলি আটায়ে
আশা কৰিছিল। এই ক্ষেত্ৰত তেওঁ বহু পৰিমাণে সফলো হৈছে।s
পাৰমাণৱিক
বৈজ্ঞানিক বনাম ৰাজনীতিবিদ
ড০ কালাম খুবেই বিশ্বাসী, পাৰদৰ্শী আৰু নিজৰ কৰ্তব্যৰ প্ৰতি
সম্পূর্ণভাবে সমৰ্পিত ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁৰ ৪০ বছৰীয়া কাৰ্যকালৰপৰা
আটায়ে এইটো উপলব্ধি কৰিব পাৰিছে যে, তেওঁ দলীয়ভাবে কাম কৰাত গুৰুত্ব আৰোপ কৰিছিল। নিজৰ দলক একগোট কৰি ৰখাৰ অদ্ভুত ক্ষমতা আছিল
তেওঁৰ। তেওঁৰ মুখমণ্ডলত সদায় শিশুসুলভ জিজ্ঞাসা প্ৰকট হৈ থাকিছিল। তেওঁ যিকোনো
মানুহৰ কথা খুবেই মনযোগেৰে শুনিছিল আৰু কথাবোৰ অত্যন্ত গভীরভাবে অনুধাৱন কৰিবলৈ
যত্ন কৰিছিল। বেলেগৰ চিন্তাধাৰাৰপৰা বেলেগ বৈকল্পিক সিদ্ধান্ত যত্ন সহকাৰে
আৰু বিনম্ৰতাৰে গ্ৰহণ কৰাত তেওঁ সিদ্ধহস্ত আছিল। এয়া তেওঁৰ মহত্ত্বপূর্ণ বিশেষত্ব
আছিল। বেলেগ বেলেগ প্রণালীক একত্ৰিত ৰূপ দিয়াত তেওঁৰ দৰে সিদ্ধহস্ত মানুহ পোৱা
টান। অর্থাৎ বেলেগ বেলেগ প্রণালীক নিজৰ বিশাল ভিজনত একত্ৰিত কৰি নতুন কিবা এটা
নিৰ্মাণ কৰিবলৈ তেওঁৰ ক্ষমতা আছিল। কোনো বস্তুক নতুন ধৰণে ব্যৱহাৰ কৰাৰো অদ্ভুত
ক্ষমতা আছিল তেওঁৰ। ইয়াৰ বাবেই তেওঁ সীমিত দেশীয় অন্তৰীক্ষ আৰু সামৰিক প্ৰযুক্তি
ব্যৱহাৰ কৰি নতুন উপকৰণ নিৰ্মাণ কৰিবলৈ সমৰ্থ হৈছিল।
ড০ কালাম ত্যাগ আৰু সবলতাৰ
প্ৰতিমূৰ্ত্তি আছিল। তেওঁ কেতিয়াও নিজৰ প্ৰতিষ্ঠা আৰু ধনৰ প্ৰতি গুৰুত্ব দিয়া
নাছিল। প্ৰকৃতাৰ্থত পঞ্চাছ আৰু ষাঠিৰ দহকত তেওঁৰ দৰে যিসকল ব্যক্তিত্ব ভাৰতত ৰৈ
গৈছিল, নিৰপেক্ষ
দৃষ্টিভংগীৰে বিচাৰ কৰিলে, তেওঁলোকে
দেশৰ বিকাশৰ কাৰণে নিজৰ সুখ আৰু প্ৰতিষ্ঠা ত্যাগ কৰিছে। ইচ্ছা কৰিলে তেওঁ বিদেশলৈ
গৈ অজস্ৰ টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ দেশত থাকি মাতৃভূমিৰ সেৱা কৰিবলৈ সিদ্ধান্ত লৈছিল।
সীমিত আন্তঃগাঁথনি আৰু বহু অসুবিধাৰ মাজতো তেওঁ নিজৰ মাতৃভূমিক বেজ্ঞানিক সফলতাৰ
শিখৰত প্ৰতিষ্ঠা কৰিবলৈ চেলেঞ্জ (প্ৰত্যাহ্বান) গ্ৰহণ কৰিছিল। তেওঁৰ এই বিশেষত্বই
তেওঁক সাধাৰণ জনতাৰ নিষ্ঠা আৰু আশাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছিল। বিশাল ভিছন, কুশল ব্যক্তিত্ব আৰু সকলোকে মুগ্ধ
কৰিবপৰা সৰলতা আছিল তেওঁৰ মাজত ।
ভাৰতবৰ্ষৰ দৰে বহুভাষী, বহু সংস্কৃতি আৰু বহুধর্মী এখন দেশত ড০
কালামৰ দৰে এগৰাকী ৰাষ্ট্ৰ প্ৰধান হোৱাটো আশাব্যঞ্জক আছিল যদিও তেওঁৰ বিজ্ঞানৰ
প্ৰতি সমৰ্পিত ব্যক্তিত্বলৈ চাই ৰাজনৈতিক অস্থিৰতাৰ মাজত তেওঁ সাংবিধানিক দায়িত্ব
সফলতাৰে পালন কৰিব পাৰিবনে নাই ইয়াকে লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু
অৰাজনৈতিক ব্যক্তিত্বৰ অধিকাৰী হৈয়ো তেওঁ সাংবিধানিক দায়িত্ব ইমান কুশলতাবে পালন
কৰি গৈছে যে দেশৰ মানুহে চিৰদিন তেওঁৰ ৰাজনৈতিক কুশলতাৰ কথা স্মৰণ কৰিব। তেওঁৰ এই
সফলতাৰ আঁৰৰ ৰহস্য আছিল তেওঁৰ অভিজ্ঞতা। কাৰণ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ আগতো
তেওঁ বৈজ্ঞানিক সংস্থাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এগৰাকী দক্ষ
প্ৰশাসকৰ ভূমিকাও পালন কৰিব লগা হৈছিল। বিত্তৰপৰা আৰম্ভ কৰি বিপণন আৰু বিতৰণৰ
ক্ষেত্ৰত তেওঁ সিদ্ধান্ত ল'ব
লগা হৈছিল। তেওঁৰ বহু পৰামর্শদাতা আছিল যদিও কোনটো ভাল আৰু কোনটো বেয়া পৰামৰ্শ এই
সিদ্ধান্ত তেওঁ নিজে ল'ব
লগা হৈছিল। কৰ্মক্ষেত্ৰত আহৰণ কৰা এই অভিজ্ঞতাৰ জৰিয়তে তেওঁ ৰাজনৈতিক ক্ষেত্ৰতো
সফল হ'ব পাৰিছিল।
ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণৰ ব্যক্তিত্বও তেওঁৰ দৰে আছিল।
বৈজ্ঞানিক হৈয়ো ৰাজনৈতিক দায়িত্ব
সফলতাৰে পালন কৰা ব্যক্তি বিশ্বত বহু কেইগৰাকী আছে। চোভিয়েত বাচিয়াৰ ৰাষ্ট্ৰপতি
ব্রেজনেভ এগৰাকী ইঞ্জিনিয়াৰ আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি হাবট হুৱৰো এগৰাকী
বৈজ্ঞানিক ইঞ্জিনিয়াৰ আছিল। একেদৰে সৈনিক সেৱাত নিয়োজিত আইজন হাৱৰেও আমেৰিকাৰ
ৰাষ্ট্ৰপতিৰ দায়িত্ব সফলতাৰে পালন কৰিছিল। ভাৰতো এই ক্ষেত্ৰত পিছপৰা নহয়। ভাৰতৰ
স্বাধীনতাৰ অব্যৱহতি কাল পাছতে মেঘনাথ সাহাৰ দৰে বৈজ্ঞানিকে সংসদীয় নির্বাচনত
বিপুল ভোটত বিজয়ী হৈছিল। চি, সুত্ৰমণিয়াম
আৰু ৰাজা বন্নাৰ দৰে ব্যক্তিয়েও সফলতাৰে মন্ত্ৰীৰ দায়িত্ব পালন কৰি গৈছে। ডাঃ
বিধান চন্দ্ৰ ৰায় এগৰাকী প্ৰখ্যাত চিকিৎসক হৈয়ো পশ্চিম বংগৰ দৰে এখন জনবহুল
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰি গৈছে।
কিছু সংখ্যক মানুহে ড০ কালামৰ বিৰুদ্ধে
কিছু বেলেগ ধৰণৰ মনোভাবো পোষণ কৰিছিল। তেওঁলোকে মতপোষণ কৰিছিল যে, কালামৰ যোগ্যতা যিমানেই নাথাকক কিয়, সার্বজনীন জীৱন, চৰকাৰ অথবা সংসদ সম্বন্ধে তেওঁৰ কোনো
অনুভৱ নাই। তেওঁলোকৰ যুক্তি আছিল,
আমাৰ সাংবিধানিক প্ৰণালীত ৰাষ্ট্ৰপতি পদ এক ৰাজনৈতিক পদ। ৰাষ্ট্ৰপতি
সজাই থোৱা মূৰ্ত্তি নহয়, তেওঁ
সংবেদনশীল বিষয়ত মন্ত্রীসভাক পৰামৰ্শ দিয়াৰ লগতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগে। ৰাষ্ট্ৰপতি পদৰ কাৰণে দলীয়
ৰাজনৈতিক পৃষ্ঠভূমি থকাৰ প্ৰয়োজন নাই যদিও ৰাজনীতি সম্বন্ধে তেওঁৰ গভীৰ জ্ঞান থকা
প্ৰয়োজন। উদাহৰণ স্বৰূপে, বাধাকৃষ্ণন
এগৰাকী শিক্ষাবিদ আছিল আৰু তেওঁ চোভিয়েত ৰাচিয়াত ৰাজদূত আছিল। জ্ঞানী জেইল সিংহৰ
বাহিৰে আমাৰ দেশৰ প্ৰতিগৰাকী ৰাষ্ট্ৰপতি বিশ্বস্তৰীয় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা
গ্ৰহণ কৰা বিদ্বান আছিল। অৱশ্যে এইটো ঠিক যে, এই ক্ষেত্ৰত হয়তো তেওঁলোকৰ ৰাজনৈতিক অনুভৱ আছিল, নহ'লে দক্ষ প্রশাসক অথবা বিধায়ক আছিল। লগতে আইনগত বিষয়, সংবিধান আৰু আমাৰ দেশৰ ৰাজনীতি
সম্বন্ধে তেওঁলোকৰ গভীৰ জ্ঞান আছিল।
তেওঁলোকৰ এই যুক্তিৰ গ্ৰহণযোগ্যতা
আছিল। কাৰণ সঁচা অৰ্থত ক'বলৈ
গ'লে কালামৰ
উপৰোল্লেখিত কোনো অনুভৱ নাছিল। তেওঁ এগৰাকী অভিযন্তা আছিল আৰু কৰ্মদক্ষতাৰ বলত
বন্ধ কোঠালিৰ ভিতৰত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ লগত সম্পর্কিত কার্যক্রমৰ প্ৰৱন্ধক
আছিল। যাৰ ফলত তেওঁৰ ব্যাপক প্ৰশাসন প্ৰক্ৰিয়াৰ অনুভৱ হোৱা নাছিল। মাথোন
সাংবিধানিক বিষয়, বিকাশ
আৰু সেনা তথা মানৱ সুৰক্ষা সম্বন্ধীয় সাধাৰণ জ্ঞানৰহে অধিকাৰী আছিল তেওঁ। ৰাজনীতি
বিষয়ৰ ওপৰত তেওঁ কোনো প্রশিক্ষণো নাছিল। তেওঁৰ গ্ৰন্থ অগ্নিৰ ডেউকা অথবা
ভিজন-২০২০ অধ্যয়ন কৰিলে এই কথা স্পষ্ট হৈ পৰে। মনোনয়ন পত্র দাখিল কৰাৰ পাছত
অনুষ্ঠিত প্রথম দুটা প্ৰেছ সম্মিলন(১৪ আৰু ১৯ জুন, ২০০২)ত তেওঁৰ এই সৰলতা প্রকাশ পাইছিল। তেওঁ অসুবিধাজনক প্রশ্নবোৰ
এৰাই গৈছিল আৰু কৈছিল যে, পাকিস্তানৰ
লগত যুদ্ধ পাৰমাণৱিক প্ৰতিৰোধৰ কাৰণে এৰাই যাবপৰা গৈছে।
সাম্যবাদী দলৰ প্ৰত্যাশী তথা পৰাজিত
প্রার্থী লক্ষ্মী সহগলৰ তলত উল্লেখ কৰা যুক্তি আলোচনাৰ বিষয় হ'ব পাৰে। তেওঁ কৈছিল, যদি এগৰাকী পাৰমাণৱিক বিজ্ঞানীক
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰা হয় তেনেহ'লৈ সমগ্ৰ বিশ্বত ভাৰত সম্বন্ধে সঠিক বার্তা নাযাব। কালামৰ বিৰুদ্ধে
আটাইতকৈ ঘূর্ণিত আৰু নীচ মন্তব্য এয়ে আছিল যে, তেওঁক ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত কৰিলে বিশ্বক এক ভুল বার্তা দিয়া হ'ব, কিয়নো কালামে ভাৰতক কেবাটাও ধ্বংসাত্মক হাথিয়াৰ নিৰ্মাণ কৰি দিছে।
নিৰ্বাচনৰ আগত এইসকল আলোচকে কৈছিল যে, এই নির্বাচন ভাজপাৰ সৈনিকবাদী আৰু আক্রমণাত্মক ৰাষ্ট্ৰীয় ধাৰণাৰ
অনুৰূপ নির্বাচন হ'ব।
ভাবী ৰাষ্ট্ৰপতি কালামৰ বিৰুদ্ধে কৰা এই ধৰণৰ মন্তব্য ঘোৰ অন্যায়ৰ বাহিৰে আন একো
নাছিল। কাৰণ মিছাইল মাথোন আমাৰ দেশতে নাই। পাকিস্তান, চিৰিয়া, ইৰাণ, ছৌদি
আরব, মিচৰৰ দৰে দেশতো
সামৰিক শক্তি বৃদ্ধিৰ কাৰণে মিছাইল আছে। গতিকে ভাৰতৰ মিছাইল থকাত আপত্তি কৰাৰ কোনো
যুক্তি থাকিব নোৱাৰে।
ভাবতে পাৰমাণৱিক হাথিয়াৰ নিৰ্মাণৰ
কৌশল আয়ত্ব কৰাৰ পাছতো বহু বছৰলৈকে মিছাইল নিৰ্মাণ কৰা নাছিল। আমার দেশে তেতিয়াই
পাৰমাণৱিক হাথিয়াৰ নিৰ্মাণৰ সিন্ধান্ত লৈছিল যেতিয়া পাকিস্তানে পাৰমাণৱিক
হাথিয়াৰৰ ভঁড়াল চহকী কৰাৰ কাৰণে উঠিপৰি লাগিছিল। যদি এনেকুৱা কৰা নহ'লহেঁতেন, তেনেহ'লে
দেশৰ কাৰণে খুবেই বিপদ হ'ব
পাৰিলেহেঁতেন। তদুপৰি ড০ কালামে এই কার্য নিজৰ উদ্যোগত কৰা নাছিল, দেশৰ সংসদে লোৱা সিন্ধান্তহে মাথোন
তেওঁ কার্যত ৰূপায়ন কৰিছিল।
ড০ কালামক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী
হিচাপে প্ৰক্ষেপ কৰাৰ পাছত দেশৰ জনতাই বিভিন্ন বিষয়ত তেওঁৰ বিচাৰধাৰা সম্পর্কে
স্পষ্টৰূপে জানিব পাৰিছিল। ইয়াৰপৰা তেওঁৰ পৰিপক্কতাৰো উমান পোৱা গৈছিল। যিসকলে
তেওঁক মাথোন বৈজ্ঞানিক বুলি ভাবিছিল, তেওঁলোকৰ আশংকা লাহে লাহে আঁতৰ হৈছিল। ২০০২ ৰ জুনৰ অন্তিম সপ্তাহত ড০
কালামে ইণ্ডিয়ান স্কুল অব বিজিনেছ ত স্নাতকসকলক উদ্দেশ্যি আর্থিক শক্তিসম্পন্ন
বিকশিত ভাৰত' শীৰ্ষক
মহত্বপূর্ণ ব্যাখ্যা আগবঢ়াইছিল। তেওঁ যে মাথোন এগৰাকী বৈজ্ঞানিক আছিল এই
ব্যাখ্যাৰপৰা এই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছিল।
এবাৰ এখন মেনেজমেণ্ট প্ৰতিষ্ঠানত ১২৬
জন এম,বি,এ ছাত্ৰৰ কাৰণে আয়োজিত প্রথম
শিক্ষান্ত সমাৰোহত ড০ কালামে আগতে তৈয়াৰ কৰা টোকা আৰু অনুভৱৰ আধাৰত এক
প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰিছিল। তেওঁৰ ভাষণৰ সাৰমৰ্ম আছিল জ্ঞানৰ শক্তিৰে সমৃদ্ধ
ভাৰতক বিশ্বনেতা হিচাপে প্ৰক্ষেপ কৰা। মিছাইল মেনগৰাকীয়ে যুবা স্নাতকসকলক কৈছিল
যে, সাম্প্ৰতিক
পৰিস্থিতিত প্রযুক্তি আৰু নেতৃত্বৰ আৱশ্যক। একমাত্ৰ আৰ্থিক শক্তিৰ বলতহে বিকশিত
ভাৰত নিৰ্মাণ কৰা সম্ভৱ। ভাষণ ইমানেই প্রভাবশালী আৰু প্ৰেৰণাদায়ক আছিল যে, প্ৰতিষ্ঠানৰ পৰিসৰত উপস্থিত সকলো মানুহ
থিয় হৈ কালামক স্বাগত জনাইছিল। সমাৰোহ সমাপ্তিৰ পাছত ভাবী ৰাষ্ট্ৰপতি গৰাকীয়ে
সকলো স্নাতকক মঞ্চলৈ মাতি নিছিল আৰু ভাৰতক বিকশিত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে
সকলো স্নাতকৰ পৰা শপত লৈছিল। তেওঁৰ এই কাৰ্যই উপস্থিত সকলোকে আচৰিত কৰি তুলিছিল।
তেওঁ যুৱা স্নাতকসকলক উচ্চ লক্ষ্য
ৰাখিবলৈ আৰু যিটো ৰাস্তাত আগতে কোনেও পদার্পণ কৰা নাই তেনেকুৱা ৰাস্তাত আগবাঢ়িবলৈ
পৰামৰ্শ দিছিল। কালমে কৈছে- মই যালৈকে যাওঁ, মই যুৱকসকলক কওঁ যে,
সৰু লক্ষ্য কথা অপরাধ। চিন্তাৰপৰা দেশৰ কাৰণে দৃষ্টিকোণ সৃষ্টি হয়
আৰু যিজনে চিন্তা নকৰে তেওঁৰদ্বাৰা সংগঠন, ৰাষ্ট্ৰৰ বিনাশ সাধন হয়। তেওঁ কৈছে যে, এচ এলবি-৩(Satellite Launch Vehicle- 3) পৰিযোজনাৰ
নিৰ্দেশক হিচাপে তেওঁৰ কাৰ্যকাল ত্রাসিতভাবে সমাপ্ত হৈছে, কিয়নো ১৯৭৯ চনত উৎক্ষেপন কৰা উপগ্ৰহ
বিকল হৈ বঙ্গোপসাগৰত পতিত হৈছিল। অৱশ্যে ইয়াৰ এবছৰ পাছত ৰোহিণী উপগ্রহ কক্ষত
স্থাপন কৰিবলৈ সফল হৈছিল। তেওঁ কৈছে যে, ভাৰতীয় অন্তৰীক্ষ অনুসন্ধান সংস্থা (ইচৰো)ৰ তদানীন্তন অধ্যক্ষ সতীশ
ধারনে বিফলতাৰ দায়িত্ব নিজে মূৰ পাতি লৈছিল আৰু পাছৰ পৰ্যায়ত ৰোহিণী উপগ্রহ
উৎক্ষেপনৰ সকলো কৃত্তিত্ব তেওঁ তেওঁৰ “টীম'ক
প্ৰদান কৰিছিল।
ড০ কালামে যুৱপ্ৰৱন্ধক সকলক কৈছিল, যেতিয়া কোনো কঠিন কামত সফলতা পোৱা
যায় তেতিয়া সেই সফলতাৰ কৃতিত্ব টীমৰ সদস্যসকলক প্ৰদান কৰা উচিত আৰু বিফল হ'লে তাৰ দায়িত্ব নেতাই নিজে মূৰ পাতি
লৈ টীমৰ সদস্যক ৰক্ষা কৰা উচিত। ভাৰতক বিকশিত, আর্থিক ক্ষেত্ৰত শক্তিশালী, আত্মনিৰ্ভৰ আৰু বিশ্বত সন্মানিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে
এনেকুৱা যুৱনেতাৰ প্ৰয়োজন যিয়ে পৰিৱৰ্ত্তনৰ শৰডাল চম্ভালিব পাৰে।
শক্তিশালী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত
প্ৰয়োজনীয় সাধনৰ ওপৰত আলোকপাত কৰি তেওঁ কৈছে, আর্থিক শক্তি, প্রতিস্পর্দ্ধা, জ্ঞানশক্তি, প্রযুক্তি, সংসাধন প্ৰৱন্ধন, উপভোক্তাৰ প্ৰতি নিষ্ঠা আৰু উৎপাদিত
সামগ্ৰীৰ গুণগত মানৰ পৰা শক্তি পোৱা যাব পাৰে। তেওঁ আৰু কৈছে- কিমাণ্ডাৰৰ পৰা কোচ
(প্ৰশিক্ষক), প্ৰৱন্ধকৰ
পৰা প্রশ্রয়দাতা, নিৰ্দেশকৰ
পৰা প্ৰতিনিধি আৰু সন্মানৰ আকাংক্ষীৰ পৰা আত্মসন্মান আকাংক্ষিত অদৃশ্য নেতৃত্বই
পৰিৱর্তনৰ কাৰণে দৃষ্টিকোণ প্ৰদান কৰি আছে।' সমাৰোহত পৰিধান কৰা বিশেষ পৰিধানৰ কাৰণেও কালাম মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু
হৈ পৰিছিল। অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী এন, চন্দ্রবাবু নাইডুই এক সমাৰোহত কালামৰ সৰলতা আৰু সফলতাৰ প্ৰশংসা কৰাৰ
লগতে তেওঁ যুৱকসকলৰ কাৰণে প্ৰেৰণাৰ উৎস বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।
অনুভৱহীনতা
যোগ্যতাহীনতা নহয়ঃ- ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ড০
কালামক সমালোচনা কৰি কোৱা হৈছিল যে,
তেওঁৰ ৰাজনৈতিক অনুভৱ নাই আৰু সাংবিধানিক প্ৰণালীৰ কাৰ্য সম্পৰ্কে
দক্ষ নহয়। ফলত তেওঁ বহুদলীয় মিত্ৰজোঁট (ক’-এলি-শন) চৰকাৰক নীতি-নির্দেশনা দিয়াৰ দৰে জটিল কামৰ মোকাবিলা কৰিবলৈ
সক্ষম নহ'ব। কালামৰ
কাৰ্যকালক ইতিহাসৰ দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যায় যে, বিৰোধীৰ এই আশংকা সম্পূৰ্ণ ভুল আছিল
আৰু তেওঁ নিজক ভাৰতীয় ৰাজনীতিত উজ্জ্বল নক্ষত্ৰ হিচাপে প্রতিষ্ঠিত হ'বলৈ বৰ বেছি দিন লগা নাছিল। ড০ কালামে
প্ৰমাণ কৰি গৈছে যে, অনুভৱহীনতাই
যোগ্যতাহীনতাক প্ৰতিপন্ন নকৰে ।
ৰাজনৈতিক অনুভৱ
নথকা সত্ত্বেও কালামৰ ব্যক্তিত্বৰ তিনিটা দিশে তেওঁৰ যোগ্যতা আৰু ক্ষমতা প্রতিপন্ন
কৰে।
(১) ৬০ কালাম বৈজ্ঞানিক আৰু অন্যান্য
সহকর্মীৰে গঠিত টীমৰ নেতৃত্ব প্ৰদান কৰি চল্লিছ বছৰীয়া চাকৰি কালত কে’বাটাও জটিল অনুসন্ধান তথা বিকাশ
কার্যক্ৰমত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰপৰা তেওঁৰ প্ৰতিভা আৰু টীমক নেতৃত্ব
প্ৰদান গুণৰ পৰিচয় পোৱা যায়।
(২) কালামৰ মাজত টীমক নেতৃত্ব প্রদানৰ
অদ্ভুত ক্ষমতা আছিল। তেওঁ জানিছিল যে, কোন ব্যক্তি কেনেকুৱা কামৰ বাবে উপযুক্ত। অর্থাৎ ব্যক্তিত্বৰ মূল্যায়ন
আৰু সেই ব্যক্তিৰ ক্ষমতাৰ মূল্যাংকন কৰিব পাৰিছিল। এই গুণৰ ফলত তেওঁ ৰাষ্ট্ৰপতি
হিচাপে সফল হ'ব
পাৰিছিল।
(৩) কালামৰ দীৰ্ঘদিনৰ সহকৰ্মী ৱাই, এছ, বাজনে কৈছে, ড০
কালাম এগৰাকী দয়ালু হৃদয়ৰ ব্যক্তি আছিল, তেওঁ মানুহক অনুপ্রাণিত কৰিছিল। প্ৰথমৰে পৰাই তেওঁ কৰ্মক্ষেত্ৰত
সাধাৰণ ব্যক্তিৰ দৰে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সৰলতা পছন্দ কৰিছিল। সংগীত, ক'লা আৰু মানৱীয় সম্বন্ধৰ ওপৰত তেওঁৰ সম্পূৰ্ণ দখল আছিল। ৰাষ্ট্ৰপতি
পদত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ কে'বা
গৰাকী প্ৰধান মন্ত্ৰীৰ লগত কাৰ্যনিৰ্বাহ কৰিছিল। ফলত তেওঁ মাথোন এগৰাকী বৈজ্ঞানিকে
নাছিল, প্রয়োজনত সংকট
মোচক ভূমিকাও পালন কৰিছিল। তেওঁ লক্ষ্যস্থিৰ কৰি সমস্যাৰ লগত যুঁজিছিল। স্বদেশী
প্ৰযুক্তিৰ বিকাশৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বৈজ্ঞানিক ৰাষ্ট্ৰপতিৰপৰা প্ৰধান
মন্ত্ৰীয়ে নীতি-নির্দেশনা গ্ৰহণ কৰিব পাৰিছিল। বিজেপিৰ অধ্যক্ষ এম, ভেংকয়া নাইডুৱেও কালামৰ ৰাজনৈতিক
অনুভৱহীনতা তেওঁৰ যোগ্যতাহীনতা নহয় বুলি স্বীকাৰ কৰিছিল। এম, ভেংকয়া নাইডুৱে বিজেপিৰ অধ্যক্ষ পদ
চম্ভালাৰ পাছত এক সাক্ষাৎকাৰত কৈছিল-
প্রশ্ন-
আপুনি পাৰ্টীৰ অধ্যক্ষ পদৰ দায়িত্বভাৰ ল'বলৈ গৈ আছে। বাস্তৱত পাৰ্টীৰ সংগঠনত কিবা পৰিৱৰ্ত্তন হ'বলৈ গৈ আছে নেকি?
উত্তৰ-মই
মাজানো। এই বিষয়ে কোনো মন্তব্য নকৰাই ভাল হ'ব। যদি প্রধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সাৰ্বজনীন ৰূপত পৰিৱৰ্ত্তনৰ
সংকেত দিছে সেয়া মই খণ্ডন কৰিব নোৱাৰো। এই বিষয়ে মই নিজৰ ফালৰপৰা একো ক'ব নোৱাৰো। এয়া প্ৰধান মন্ত্ৰীৰ
বিশেষাধিকাৰ। আমাৰ দলত সাধাৰণতে দলৰ অধ্যক্ষ, প্রধান মন্ত্ৰী আৰু গৃমন্ত্ৰীয়ে বিচার-বিবেচনা কৰি কোনে ক'ত কাম কৰিব লাগিব এই বিষয়ে সিদ্ধান্ত
লয়। দলৰ নেতৃত্ব আৰু প্ৰধান মন্ত্ৰীয়ে যি সিদ্ধান্ত ল'ব মই সেই মতে কাম কৰিম।
প্রশ্ন-
চন্দ্রবাবু নাইডুৰ দাবী যে ৰাষ্ট্ৰপতি পদৰ কাৰণে ড০ কালামৰ নাম সৰ্বপ্ৰথম তেৱেঁ
উত্থাপন কৰিছিল। মুলায়েম সিং যাদরেও তাকে দাবী কৰে; কিন্তু বিজেপিৰ ফালৰ মানুহে কৈছে যে, প্রধান মন্ত্রী বাজপেয়ীয়ে এই বছৰৰ জানুৱাৰী মাহতে এই সিদ্ধান্ত
লৈছিল। আচলতে সঁচা কথাটো কি?
উত্তৰ- মই
কোনো কাজিয়াত লিপ্ত হ'বলৈ
নিবিচাৰোঁ। এটা
কথা স্পষ্ট যে নাইডুই প্রধান মন্ত্ৰীৰ লগত এই বিষয়ে নিশ্চয় আলোচনা কৰিছিল ।
এতিয়া তেওঁলোকৰ মাজত কি কথা হৈছে,
কোনে প্রথমে তেওঁৰ নাম উত্থাপন কৰিছিল, এই বিষয়ে মই একো ক'ব
নোৱাৰিম । মই মাথোন ইয়াকে ক'ব
পাবো যে, অন্তিম
সিদ্ধান্ত লোৱাৰ আগত যেতিয়া প্ৰধান মন্ত্ৰীৰ লগত মোৰ সাক্ষাৎ হৈছিল তেতিয়া তেওঁ
কৈছিল যে, তেওঁ
ড০ কালামৰ নাম প্ৰস্তাৱ কৰিবলৈ গৈ আছে আৰু সহযোগী দলক এই বিষয়ে কোৱা হৈছে।
চন্দ্রবাবু নাইডুই নিশ্চিতভাবে এই সন্দৰ্ভত ভূমিকা লৈছিল, এয়া মই অস্বীকাৰ কৰিব নোৱাৰো। কিন্তু
তেওঁৰ নাম চন্দ্রবাবুই প্রস্তাৱ কৰিছিল নে মোলায়েম সিং যাদৱে কৰিছিল । এতিয়া মই
সেয়া অনুমান কৰিব নিবিচাৰোঁ।
প্রশ্ন-
কেপ্তেইন লক্ষ্মী সহগলক প্রার্থী হিচাপে প্ৰক্ষেপ কৰাৰ কাৰণে আপুনি বাওমৰ্চাক
সমালোচনা কৰিছিল। তেওঁলোকৰ প্ৰাৰ্থীৰ প্ৰতি আপোনাৰ আপত্তি কিয় ?
উত্তৰ-
লক্ষ্মী সাহালৰ বিষয়ে মোৰ কোনো আপত্তি নাই। মই ক'ব খুজিছো যে, বাওমৰ্চাই
বিনা কাৰণত ইয়াক ৰাজনৈতিক বিবাদৰ বিষয় কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে আমি
সৰ্বসন্মতি লাভ কৰা নাই। আমি আমাৰ তৰপৰ পৰা যথাসম্ভৱ প্ৰয়াস কৰিছিলো, কিন্তু বাওপন্থীসকলে বৰ্তমান
ৰাষ্ট্ৰপতিৰ মতামত নোলোৱাকৈয়ে একতরফাভাবে তেওঁৰ নাম ঘোষণা কৰিছে। কালামৰ
প্ৰাৰ্থীত্ব সম্পৰ্কে তেওঁলোকৰ এই কাৰণেই আপত্তি যে তেওঁ মিছাইলমেন। এই কথাৰ ওপৰত
মোৰ আপত্তি আছে। সমগ্র দেশ এই কাৰণেই গর্ব অনুভৱ কৰি আছে যে, আমি পৰমাণু সম্পন্ন হৈছো; কিন্তু বাওপন্থীৰ কাৰণে এয়া অপবাদ।
তেওঁলোকে কৈছে যৈ, ড০
কালামৰ ৰাজনৈতিক অনুভৱ নাই। বাৱড়ী দেৱী যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেওঁৰ
ৰাজনৈতিক অনুভৱ আছিল নেকি? ১৯৯৯
চনত ছোনিয়াজীৰ কি অনুভৱ আছিল ?
কিন্তু ১৯৯৯ চনত তেওঁলোকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীত্বৰ পক্ষত
ছোনিয়াজীৰ কাৰণে ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল। পাইলটৰ চাকৰি কৰা ৰাজীৱ গান্ধী
পোনপটীয়াভাবে আহি প্ৰধান মন্ত্ৰী হৈছিল।
যদি ৰাজনৈতিক অনুভৱ নোহোৱাকৈ প্ৰধান
মন্ত্রী হ'ব
পাৰে, তেনেহ'লে ৰাষ্ট্ৰপতি কিয় হ'ব নোৱাৰিব? ৰাষ্ট্ৰপতি অৰাজনৈতিক হোৱাই উচিত।
তেওঁৰ ৰাজনৈতিক জ্ঞান থকাটো জৰুৰী। তেওঁৰ সংবিধান সম্পর্কে জ্ঞান থকা উচিত। সেয়ে
সংবিধানৰ বিষয়ে তেওঁক পৰামর্শ দিয়াৰ কাৰণে বিশেষজ্ঞ আছে। কালাম ৰাষ্ট্ৰৰ গৌৰৱ
আৰু তেওঁক নিৰ্বাচন কৰাৰ কাৰণে দেশৰ মানুহ প্ৰসন্ন।s
খুচৱন্ত সিঙৰ বিচাৰ-
প্ৰসিদ্ধ লেখক আৰু চিন্তাবিদ খুচৱন্ত
সিঙে অৰাজনৈতিক ব্যক্তি ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে বিৰোধ প্ৰকট কৰিছিল। তেওঁ ২০০২ চনৰ
২২ জুনত স্তম্ভলেখাত এই বিতৰ্কৰ তলত উল্লেখ কৰা ধৰণে খুবেই ৰুচিকভাবে প্ৰকাশ
কৰিছিল-
কিছুদিনৰ ভিতৰতে দেশে নতুন ৰাষ্ট্ৰপতি
আৰু উপ-ৰাষ্ট্ৰপতি পাব। এই দুগৰাকীক সর্বসম্মতিক্রমে নির্বাচন কৰিলে ভাল হ'ব। কিন্তু এনেকুৱা নহ'ব, কাৰণ দুই প্রধান ৰাজনৈতিক গোট ইদলে সিদলৰ সন্মুখলৈ আহিছে। এতিয়া
ৰাষ্ট্ৰপতি মাথোন মোহৰ (ছাপ) মাৰাৰ কাৰণে নহয়। তেওঁৰ কাম মাথোন বিদেশী
প্রতিনিধিমণ্ডলৰ লগত সাক্ষাৎ, গণতন্ত্ৰ
দিৱসৰ দিনা চেলামী গ্রহণ, ভাৰতৰত্ন, পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰদানে হৈ থকা
নাই। আমি ৰাজনৈতিক অৰাজকতা আৰু অস্থিৰতাৰ মাজত জীয়াই আছো। নিজৰ দেশক গণতন্ত্ৰ আৰু
ধৰ্মনিৰপেক্ষতাৰ বাটত বৰ্তাই ৰখাৰ কাৰণে তেওঁক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে।
প্ৰথমতঃ-ৰাজনৈতিক
দলবোৰ সহমতত উপনীত নহ'ব
পাৰে; কিন্তু আমাৰ
দেশৰ মানুহে কেনেকুৱা ৰাষ্ট্ৰপতি বিচাৰে সেয়া স্পষ্ট হোৱা উচিত । তেওঁৰ যোগ্যতা
কেনেকুৱা হোৱা উচিত। মই তেওঁলোকক ক'ব
খুজিছো, প্রথমে তেওঁ 'ফিট্ হোৱা উচিত- শৰীৰ আৰু মন উভয় ফালৰ
পৰা। মই ক'ব
খোজা নাই যে তেওঁৰ মেডিকেল পৰীক্ষা হ'ব লাগে। মোৰ ইচ্ছা যে,
তেনেকুৱা পৰীক্ষাই হওঁক। কাৰণ, আমাৰ ৰাজনীতি বহুক্ষেত্ৰত বলিয়া লোকেৰে ভৰি আছে। সম্ভৱতঃ এইটো বৰ
বেছি হৈ যাব। কিন্তু বয়সৰ সীমাতো নিৰ্দ্ধাৰণ কৰা যাব পাবে। তেওঁ কম পক্ষে পঞ্চাছ
বছৰীয়াতো হোৱাই উচিত। ৰাজনীতিৰ মেৰ-পেচ বুজিবলৈ তেওঁৰ অনুভৱ থকা উচিত। অধিকতম
তেওঁ ৭৫ বছৰীয়া হোৱা উচিত যাতে তেওঁ ইয়াতকৈ অধিক বৃদ্ধ নহয়।
দ্বিতীয়তঃ-
তেওঁ উদাৰ ৰাজনীতিৰপৰা আহিব লাগে। মই ৰাষ্ট্ৰপতিৰ কাৰণে অৱসৰপ্ৰাপ্ত বিষয়া, যুৱক অথবা বিজ্ঞানীৰ পক্ষত নহয়।
এওঁলোকৰ ৰাজনৈতিক জ্ঞান ‘ছেকেণ্ড
হেণ্ড' হয়। তেওঁ
ৰাষ্ট্ৰপতিৰ জটিলতা সম্পর্কে অবগত থকা উচিত।
তৃতীয়তঃ-
তেওঁ ভালদৰে কথা ক'ব
পাৰিব লাগে। কিছু কিছু অৱসৰত তেওঁ ৰাষ্ট্ৰক সম্বোধন কৰিব লাগে। তাত প্ৰফেচনাল
লেখকে লেখা ভাষণেৰে কাম নচলে। মানুহবিলাক সেই বিষয়ে অবগত হয়েই। মানুহৰ হৃদয়
স্পৰ্শ কৰা ভাষণতো হৃদয়ৰ পৰাই অহা উচিত। সেয়া বেলেগৰ ফালৰপৰা লেখা হোৱা উচিত
নহয়। তাত ধার্মিক উদাহৰণ তথা উর্দু শ্বায়েবী থকা উচিত নহয়।
চতুর্থতঃ-
ৰাষ্ট্ৰপতিৰ কোনো দাগ থাকিব নালাগে। তেওঁ চৰ্চাৰ আৱৰ্তলৈ অহা উচিত নহয়। এই দেশে
এনেয়ে অধিক চৰ্চা কৰে। সামান্য কথাতে টুপী খুলি পেলায়। চীজাৰৰ স্ত্ৰীৰ দৰে
ৰাষ্ট্ৰপতিও শংকা আৰু সন্দেহৰ পৰা আঁতৰত থকা উচিত।
পঞ্চম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা
এয়ে যে, ৰাষ্ট্ৰপতি
বিশেষ ব্যক্তিত্বসম্পন্ন হ'ব
লাগে যাতে আটায়ে তেওঁক সন্মান কৰে। প্ৰধান মন্ত্রীও, যিজনে দেশ চলায়।
এই পাঁচটা প্ৰয়োজনৰ বাহিৰে মোৰ ধাৰণা
নহয় যে আৰু কিবা প্ৰয়োজন আছে। মোৰ ধাৰণা নহয় যে সম্প্রদায় আৰু এলেকাৰ বিষয়ে
ভবা উচিত। ইয়াক উপৰাষ্ট্ৰপতিৰদ্বাৰা সমান সমান কৰা যাব পাৰে। ৰাষ্ট্ৰপতি উত্তৰ
ফালৰ হ'লে উপৰাষ্ট্ৰপতি
দক্ষিণ ফালৰ হ'ব
পাৰে। ৰাষ্ট্ৰপতি হিন্দু হ'লে
উপৰাষ্ট্ৰপতি সংখ্যালঘূৰ পৰা হ'ব
পাৰে। উদাহৰণ স্বৰূপে, মুছলমান, খ্রীষ্টান, শিখ অথবা পাৰ্চী।
ইয়াত এই প্রশ্ন অৱশ্যেই উদয় হ'ব যে, কালামে এই পদ স্বীকাৰ কৰা উচিত আছিল নে? ইয়াত ভৌতিকবিদ আইনষ্টাইনৰ উদাহৰণ দিলে
কিছু সমাধান অৱশ্যে ওলাব পৰা যাব পাৰে। এগৰাকী বৈজ্ঞানিকক ৰাষ্ট্ৰাধ্যক্ষ পদৰ
কাৰণে মাতি অনাৰ এক আন্তঃৰাষ্ট্ৰীয় ঘটনা প্রকাশ কৰাটো সাময়িক লাগিব পাবে। এগৰাকী
বিখ্যাত বৈজ্ঞানিক আব্রাহম পাইচে লেখা এলবাৰ্ট আইনষ্টাইনৰ এখন জীৱনী গ্রন্থ আছে- 'চটল ইজ দ্যা লর্ড।” ইয়াত আইনষ্টাইনৰ লগত জড়িত এটি
মহত্বপূৰ্ণ ঘটনাৰ বৰ্ণনা কৰা আছে। এই ঘটনা ১৯৫২ চনৰ নৱেম্বৰ মাহৰ। ইজৰাইলৰ
প্রতিষ্ঠাপক ৰাষ্ট্ৰপতি চেইম ৱাইজমেনৰ ১৯৫২ চনৰ ৯ নৱেম্বৰত মৃত্যু হয়। তেওঁৰ
মৃত্যুৰ পাছত তৎকালীন প্রধান মন্ত্রী বেন গুৰিয়ন আৰু তেওঁৰ সহযোগিসকলে এলবাৰ্ট
আইনষ্টাইনক ইজৰাইলৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰাৰ কাৰণে পৰিকল্পনা কৰিছিল। তেওঁ
আমেৰিকাত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূত অপ্পা ইবানক বাৰ্তা পঠাইছিল যে, তেওঁ যেন আইনষ্টাইনৰ লগত এই বিষয়ে
আলোচনা কৰে। ৰাইজমেনৰ পৰামৰ্শমতে অপ্পা ইবানে আইষ্টাইনক কথাটো কোৱাত তেওঁ
অস্থিভাবে পদচালনা কৰি ক'লে-
'এয়া খুবেই
চিন্তাৰ বিষয়।' শেষত
তেওঁ নিজৰ ফালৰপৰা ৰাজদূতক জনালে যে, তেওঁ এয়া স্বীকাৰ কৰিব নোৱাৰিব। কুৰি শতিকাত ভৌতিক বিজ্ঞানৰ ইতিহাসক
সফলতাৰ উচ্চ শিখৰত অধিষ্ঠিত কৰা বৈজ্ঞানিকসকলৰ ভিতৰত তেৱেঁ আটাইতকৈ প্ৰসিদ্ধ আছিল, যিগৰাকী এক কাহিনীৰ দৰে হৈ পৰিছিল।
আটাইতকৈ বিকশিত দেশৰপৰা ইজৰাইলৰ ৰাষ্ট্ৰপতি হোৱাটো এক অসাধাৰণ ঘটনা আছিল। পাছত
যিজন জ্ঞান-বিজ্ঞানৰ ইতিহাস নির্মাতা, তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰস্তাৱত চিন্তিত হোৱাটো স্বাভাৱিক আছিল। তেওঁ
জানিছিল যে, ৰাষ্ট্ৰপতি
হৈ তেওঁ ইতিহাসৰ বিৰাট ক্ষতি সাধন কৰিব আৰু ৰাষ্ট্ৰপতি পদৰ যি ৰাষ্ট্ৰীয় ৰাজনৈতিক
দায়িত্ব থাকে, তাত
তেওঁ যথোপযুক্ত ভূমিকা পালন কৰিব নোৱাৰিব।
আমি নিশ্চয় আব্দুল কালামৰ পৰা
আইনষ্টাইনৰ দৰে আচৰণ আশা কৰিব নোৱাৰো। বিজ্ঞানৰ বিশ্বত তেওঁৰ কাম টেকন'লজিৰ, উন্নত ক্ষমতাসম্পন্ন যন্ত্রপাতি নিৰ্মাণৰ। এয়া এক ভাল যোগ্যতাৰ কাম।
ইয়াত সন্দেহ নাই যে এই কাম চি ভি ৰমন, আইনষ্টাইন, নীলবোৰ
অথবা হকিঙেও কৰিছে। বর্তমান ভাৰতীয় সত্ত্বাই সম্ভবতঃ এয়া বুজিব নোৱাৰিব, কিয়নো (ড০ কালাম) হকিঙ, নীলবোৰ অথবা আইনষ্টাইনৰ দৰে কিংবদন্তি
হ'ব পৰা নাই। এই
এটি উদাহৰণেৰে ড০ কালামৰ অনুভৱ বা চিন্তাৰ বিষয়ে খুচৱন্ত সিঙে বহু কথা কৈছে।
বৈজ্ঞানিকে কৈতিয়াও ৰাজনীতিৰ চাকনৈয়াত সোমাব নিবিচাৰে। তেওঁলোকৰ কাৰণে এয়া
জৰুৰীও নহয়, কিয়নো
বৈজ্ঞানিকৰ কাৰ্য বা চিন্তা ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাতকৈ ৰাষ্ট্ৰৰ মংগলৰ কাৰণে
হোৱাটো অধিক জৰুৰী। খুচৱন্ত সিঙৰ ধাৰণা কিমান ভ্ৰান্ত আছিল কালামে ৰাষ্ট্ৰপতি
হিচাপে তাক প্ৰমাণ কৰি গৈছে।
ড০ কালাম বাষ্ট্ৰপতি হ'লে এনেকুৱা কিছুমান আশংকাও ব্যক্ত কৰা
হৈছিল যে, ইয়াৰ
পৰা ভাৰতৰ মিছাইল কাৰ্যক্ৰমৰ ওপৰত নাকাৰাত্মক প্ৰভাৱ পৰিব। কিন্তু ভাৰত চৰকাৰৰ
মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা ড০ চিদাম্বৰমে এক প্ৰেছ সন্মিলনত কৈছিল, ভাৰতৰ মিছাইল কাৰ্যক্ৰমৰপৰা কোনোবা
ব্যক্তি আঁতৰি গ'লে
এই কাৰ্যক্ৰমৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰিব। কাৰণ ই হ'ল বিকাশৰ এক প্ৰক্ৰিয়া আৰু ইয়াৰ ওপৰত
কোনো এগৰাকী ব্যক্তিৰ সম্পূর্ণ প্রভাৱ নাই। তেওঁ এক প্ৰেছ সন্মিলনত 'কালাম অবিহনে মিছাইল কাৰ্যক্ৰমৰ অৱস্থা
সম্পর্কে সংবাদসেৱীসকলে সোধা এটি প্রশ্নৰ উত্তৰত কালামৰ নাম পোনপটীয়াভাবে উল্লেখ
নকৰাকৈ কৈছিল, কোনো
ব্যক্তি আঁতৰি যোৱাৰ কাৰণে ভাৰতৰ মিছাইল কাৰ্যক্ৰমৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ই যি
গতিত চলি আছে তেনেকৈয়ে চলি থাকিব। তেওঁ আৰু কৈছিল যে, মিছাইল মেন কালামক ৰাষ্ট্ৰপতি পদৰ
কাৰণে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কাৰণে দেশৰ আটাইবিলাক বৈজ্ঞানিকে গৌৰৱ অনুভৱ কবি আছে।
বৈজ্ঞানিকসকল ৰাজনীতিলৈ অহাত কোনো নিষেধ নাই আৰু তেৱোঁ অন্যান্য মানুহৰ দৰে
ৰাজনীতিলৈ অহা উচিত। ভাৰতৰ বৈজ্ঞানিকসকল বিজ্ঞান আৰু প্ৰযুক্তিৰ বাহিৰেও সকলো
ক্ষেত্ৰতে বিশ্বত নিজৰ পৰিচয় প্রতিষ্ঠা কৰা উচিত। কালাম ৰাষ্ট্ৰপতি হ'লে ভাৰতীয় বৈজ্ঞানিকসকলৰ সুনাম আৰু
বৃদ্ধি পাব ।
উক্ত সম্মিলনতে ভাৰতৰ বিকাশৰ বিষয়ে
চৰ্চা কৰিবলৈ গৈ ড০ চিদাম্বৰমে কৈছিল যে, বিকাশৰ মানদণ্ডৰ আধাৰ বিকশিত দেশব অন্বেষণৰ ওপৰত হোৱা উচিত নহয়।
বিকশিত দেশৰ বিপৰীতে ভাৰতৰ বিকাশৰ 'মডেল' স্বয়ং ভাৰতে তৈয়াৰ কৰা উচিত হ'ব। ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰ বিজুলিৰ
চাহিদা পূৰ্ণ আৰু মহিলা স্বাক্ষৰতাৰপৰা ইয়াক আৰম্ভ কৰা উচিত। ‘ব্লেন ড্রেন' সন্দৰ্ভত চিদাম্বৰমৰ ধাৰণা আছিল যে, এই প্ৰত্যাহ্বানৰ পৰা আঁতৰি থকা উচিত।
বিদেশত সকলো ধৰণৰ সুবিধা উপলব্ধ। তাত কাম কৰা সহজ। আচল প্ৰত্যাহ্বানতো ইয়াতেই।
আচলতে বিদেশলৈ যোৱা মানুহবিলাক ভীৰু ধৰণৰ। পঞ্চাশ বছৰে দেশত প্ৰযুক্তিৰ ক্ষেত্ৰত
বিশেষ উল্লেখনীয় বিকাশ নোহোৱাৰ কাৰণ আৰু বেকারত্ব, দাৰিদ্ৰতা বৃদ্ধিৰ কাৰকৰ ওপৰত আলোকপাত কৰি চিদাম্বৰমে কৈছিল, গ্রামীন বিকাশ আমাৰ মুখ্য প্রাথমিকতা
হোৱা উচিত। গ্রামীন বিকাশ কোনো সহজ কাম নহয়। ইয়াৰ কোনো যাদুকৰী সমাধানো নাই।
ইয়াৰ কাৰণে গ্রামীন প্রযুক্তি সর্বাধিক জৰুৰী। প্রযুক্তি সুলভ হ'লেহে এইখন দেশৰ বিকাশ হোৱা সম্ভৱ। ড০ চিদাম্বৰমৰ
এই ধাৰণা ড০ কালামৰ চিন্তাৰ সম্পূৰ্ণ অনুৰূপ আছিল।s
নিৰ্বাচনৰ ঘটনাক্ৰম
দেশৰ সাম্যবাদী দলৰদ্বাৰা ড০ কালামৰ
প্রার্থিত্ব সম্পর্কে আলোচনা কৰা হৈছিল যে, কালাম এই পদৰ কাৰণে সৰ্বসন্মত প্রার্থী নহয়। এফালৰপৰা এই কথা সত্যৰ
উচৰা-ওচৰি আছিল; কিয়নো
সাম্যবাদী দলৰদ্বাৰা যেতিয়া লক্ষ্মী সাহগলক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব প্ৰদান
কৰা হৈছিল অৰ্থাৎ ড০ কালামৰ বিৰুদ্ধে যেতিয়া কে'বাগবাকী প্রার্থী থিয় হৈছিল তেতিয়া প্রার্থীসকলক সর্বসম্মত
প্রার্থী বুলি কোৱা যাব নোৱাৰে। আটাইতকৈ মহত্ত্বপূর্ণ বিরোধী দল জাতীয় কংগ্ৰেছেও
এক দীঘলীয়া প্ৰতীক্ষাৰ অন্তত এই ধৰণৰ নিৰ্ণয় লৈছিল আৰু ঘটনাক্রম এইদৰে মোৰ লৈছিলঃ-
বহুদিনলৈ কৃষ্ণকান্তৰ নাম ৰাষ্ট্ৰপতি
হিচাপে সৰ্বসম্মতিৰ কাৰণে আওৰাই থকা হৈছিল। পাছত পি, চি, আলেকজেণ্ডাৰৰ
নামো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল,
কিন্তু এই দুই নাম চৰ্চাৰ স্তৰতে আছিল, বিশেষ আগবঢ়া নাছিল। সকলো বিপক্ষ দলক বাদ দি অৱশেষত প্রধান মন্ত্রী
অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰপতি হিচাপে এ. পি. জে. আব্দুল কালামৰ নাম ল'লে। ইয়াৰ পাছত একমাত্ৰ কংগ্ৰেছৰ
বাহিৰে বহু উৎসাহ সহকাৰে মোলায়ম সিং যাদৱ, চন্দ্ৰবাবু নাইডু,
লালু প্রসাদ যাদৱ আৰু জয়ললিতাই কালামক সমৰ্থন কৰে।
৯ জুনত টি, ডি, পিব চন্দ্রবাবু নাইডু আৰু বহুজন সমাজবাদী পাৰ্টীৰ মায়াবতীর
উপস্থিতিত এক প্ৰেছ কনফাৰেন্দ্ৰত জর্জ ফার্ণাণ্ডেজে ড০ কালমৰ প্রার্থিত্ব অনুমোদন
কৰে। এই অৱসৰত চন্দ্ৰবাবু নাইডুই কয় যে, ড০ কালাম সঠিক প্রার্থী আৰু তেওঁৰ পক্ষে ৰাষ্ট্ৰীয় দলৰ সৰ্বসন্মত
সহমত আছে। টি, ডি, পিয়ে ড০ কালামক সমৰ্থন কৰাৰ কাৰণে
সকলো ৰাজনৈতিক দলক আহ্বান জনায়। কালামৰ প্রার্থিত্ব ঘোষণাৰ আগতে অ, ভা, আন্নাদ্রমুক তথা অন্যান্য ৰাজনৈতিক দলৰ লগত পৰামৰ্শ কৰা হৈছিল।
সংসদীয় পৰিক্ৰমা মন্ত্রী প্রমোদ মহাজনৰ লগত টি, ডি, পি
নেতা চন্দ্ৰবাবুৰ হায়দাবাদত কথা-বতৰা হৈছিল তথা তাত চন্দ্ৰবাবু নাইডুই ভাৰত ৰত্ন
আব্দুল কালামৰ নাম পুনৰ প্ৰস্তাৱ কৰিছিল। প্রমোদ মহাজন প্রকাশ্যে বিশেষ এক বৈঠকৰ
কাৰণে হায়দাবাদলৈ গৈছিল যদিও বাস্তৱত তেওঁ নাইডুৰ লগত কালামৰ প্ৰাৰ্থীত্ব
সম্পর্কে দিহা-পৰামৰ্শ কৰিবলৈকেহে তালৈ গৈছিল। কিয়নো নতুন ৰাষ্ট্ৰপতি সম্পৰ্কে
চৰকাৰ সৰ্বসম্মত সিদ্ধান্তত উপনীত নোহোৱালৈকে তেওঁ দিল্লীলৈ যাবলৈ অস্বীকাৰ
কৰিছিল। তেওঁ কৈছিল যে, আলেকজেণ্ডাৰ
আৰু কৃষ্ণকান্তর প্রার্থিত্ব সম্পর্কে মতভেদ আছে, সেয়ে প্রধান মন্ত্রীয়ে প্রখ্যাত বৈজ্ঞানিক কালামৰ নাম
গুৰুত্বসহকাৰে বিচাৰ-বিবেচেনা কৰিব পাৰে। ইয়াৰ পাছত মহাজনে প্ৰধান মন্ত্ৰী তথা
গৃহমন্ত্ৰীৰ লগত টেলিফোনত কথা পাতে আৰু নাইডুৰ লগত হোৱা আলোচনাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পাছত
প্ৰধান মন্ত্ৰী সক্ৰিয় হৈ উঠে আৰু আগতে বিৰোধী দলৰ নেতাৰ লগত বিচাৰ-বিবেচনা
নকৰাৰ বাবে তেওঁ যি সিদ্ধান্ত লৈছিল সেয়া সলনি কৰি বিৰোধী দলৰ নেতা ছোনিয়া
গান্ধীব লগত কথা পাতে আৰু সন্ধিয়া আলোচনাত মিলিত হোৱাৰ বাবে ছোনিয়া গান্ধীক
আমন্ত্রণ জনায়। উক্ত আলোচনাত মনমোহন সিঙেও অংশ গ্রহণ কৰে। ছোনিয়া গান্ধী আৰু মনমোহন
সিঙৰ লগত হোৱা আলোচনাৰ সময়ত প্ৰধান মন্ত্ৰীয়ে কয় যে, ৰাষ্ট্ৰপতি পদৰ কাৰণে আব্দুল কালাম
তেওঁলোকৰ সৰ্বসম্মত প্রার্থী। মনমোহন সিঙে প্রশ্ন কৰে যে, এয়া তেওঁলোকৰ অন্তিম সিদ্ধান্ত নেকি? কিয়নো বিগত দুটা দিনত প্রধান মন্ত্ৰীৰ
কাৰ্যালয়ে আলেকজেণ্ডাৰ আৰু কৃষ্ণকান্তৰ নাম আলোচনা কৰি আছিল। প্ৰধান মন্ত্ৰীয়ে
হাঁহি মাৰি কয়, সন্ধিয়া
সময়ত বৈঠক হৈ আছে আৰু তেওঁলোকে কালামক স্বীকৃতি প্ৰদান কৰিব। উপ-ৰাষ্ট্ৰপতি
সম্পৰ্কে প্ৰধান মন্ত্রীয়ে কয় যে,
এই সম্পর্কে বেলেগে আলোচনা কৰা হ'ব; কিয়নো
দুটা বিষয় একেলগ কৰিব বিচৰা নাই। প্রধান মন্ত্ৰীৰ প্রধান সচিব ব্রিজেশ মিশ্ৰই
ইয়াৰ পাছত কংগ্ৰেছ নেতা নটৱৰ সিঙৰ লগত কথা পাতে আৰু তেওঁক কয় যে, ৰাষ্ট্ৰপতি পদৰ কাৰণে কৃষ্ণকান্ত
তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী। তেতিয়া কৃষ্ণকান্তৰ প্ৰতি কংগ্ৰেছে সহমতি প্ৰদান কৰে; কিন্তু দুপৰীয়া দুই বজাত ব্ৰিজেশ
মিশ্ৰই পুনৰ নটৱৰ সিঙৰ লগত মিলিত হৈ জনায় যে, কৃষ্ণকান্ত নহয় আলেকজেণ্ডাৰহে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী।
আলেকজেণ্ডাৰৰ নাম চৰ্চালৈ অহাৰ পাছত সকলো মতভেন পাহৰি বিৰোধী দলসমূহ একগোট হয় আক
আলেকজেণ্ডাৰৰ বিৰুদ্ধে সংযুক্ত প্রার্থী থিয় কৰোৱাৰ বাবে সিদ্ধান্ত লয়। বিৰোধী
দলবোৰে সংকেত দিয়ে যে কে, আব, নাৰায়ণন আলেকজেণ্ডাৰৰ বিৰুদ্ধে
প্রতিদ্বন্ধিতা কৰাৰ কাৰণে সন্মত হৈ যাব। এইদৰে সংকেত দিয়াৰ কাৰণ আছিল, যাতে আলেকজেণ্ডাৰৰ নাম বাদ দিয়াৰ
কাৰণে প্রধানমন্ত্ৰীৰ ওপৰত হেঁচা পৰে। আশা কৰা ধৰণেই বিৰোধী দলসমূহৰ এই সিদ্ধান্তৰ
ফলত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় দোধোৰ মোধোৰত পৰে।
চন্দ্রবাবু নাইডু গভীৰ নিশা ৰাজধানীলৈ
আহে আৰু বিমান বন্দৰতে বিবৃতি দিয়ে যে, আব্দুল কালামে ৰাষ্ট্ৰপতি পদৰ কাৰণে সর্বোত্তম সিদ্ধান্ত আৰু
তেওঁলোকে এই সিদ্ধান্তক পূৰ্ণ সমৰ্থন কৰে। হায়দৰাবাদৰপৰা প্ৰমোদ মহাজন মুম্বাই লৈ
আহি বাল থাকৰেৰ লগত কথা পাতে আৰু কালামক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ
কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁক অৱগত কৰে। তেওঁ আলেকজেণ্ডাৰৰ লগতো সাক্ষাৎ
কৰে আৰু দুখ প্ৰকাশ কৰি কয় যে,
তেওঁলোকে তেওঁক প্ৰাৰ্থী হিচাপে প্রক্ষেপ কৰিব নোৱাৰিব। আলেকজেণ্ডাৰক
ৰাষ্ট্ৰপতি পদব প্রার্থিত্বৰপৰা বাহিৰ কৰি দিয়াৰ কাৰণে কংগ্ৰেছ প্ৰৱৰ্ত্তা জয়পাল
ৰেড্ডীয়ে প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে, এয়া এক গুৰুত্বপূর্ণ উপলব্ধি।
কংগ্ৰেছে কয় যে, আব্দুল কালামৰ প্রার্থিত্ব স্বাগত
যোগ্য; কিন্তু বেলেগ
বিৰোধী দলৰ লগত আলোচনা কৰিব লাগিব। লগতে আৰু কয় যে প্রথমে কে, আৰ, নাৰায়ণনৰ লগত পৰামৰ্শ নকৰাকৈ একো ক'ব নোৱাৰিব। বাওপন্থীসকলেও একে কথাকে কৈছিল; কিন্তু আব্দুল কালামৰ প্রার্থিত্ব
সন্দৰ্ভত বিৰোধী দলৰ নেতাৰ মাজত গুৰুত্বপূৰ্ণ মতানৈক্য দেখা দিয়ে, কিয়নো বাওপন্থী দলৰ মত আছিল যে, কোনো বৈজ্ঞানিক, চাকৰিয়াল অথবা প্রযুক্তি বিশেষজ্ঞ
ৰাষ্ট্ৰপতি পদৰ কাৰণে যোগ্য হ'ব
নোৱাৰে তথা ইয়াৰ পৰিৱৰ্ত্তে কোনো ৰাজনৈতিক নেতাহে উপযুক্ত প্রার্থী হ'ব।
যিয়ে নহওঁক অৱশেষত নানা
জল্পনা-কল্পনাৰ অন্তত একমাত্র বামপন্থী দলৰ বাহিৰে আটাইবোৰ দলে ড০ কালামক সমর্থন
কৰে। ফলত ২০০২ চনৰ ১৮ জুনত সংসদৰ ৰাজ্যসভা সচিবালয়ত মনোনয়ন পত্ৰ প্ৰস্তুত কৰে।
এইদৰে দ্বাদশ গৰাকী ৰাষ্ট্ৰপতি হিচাপে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশৰ ক্ষেত্ৰত ড০ কালামে
প্রথম খোজ আগবঢ়ায়। সেই মুহূৰ্তটো আছিল খুবেই গাম্ভীৰ্যপূৰ্ণ। তেতিয়া তেওঁৰ
এফালে আছিল তদানীন্তন প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু আনফালে আছিল বিৰোধী
দলনেত্ৰী ছোনিয়া গান্ধী। ইয়াৰ উপৰিও তেওঁৰ লগত আছিল টিডিপি নেতা চন্দ্রবাবু
নাইডু, সমাজবাদী দলৰ
নেতা মোলায়ম সিং যাদৱ, গৃহমন্ত্রী
এল, কে, আদৱানী, বিত্তমন্ত্রী যশৱন্ত সিং, প্ৰতিৰক্ষা মন্ত্রী জর্জ ফার্ণাণ্ডেজ, উড়িষ্যাৰ মুখ্যমন্ত্রী নবীন পট্টনায়ক, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী
চন্দ্রবাবু নাইডু। লগতে শাসকীয় দলৰ বহু কেইগৰাকী নেতা। ক'বলৈ গ'লে বামপন্থী দলৰ বাহিৰে সেই অৱসৰত সকলো নেতৃস্থানীয় ব্যক্তি উপস্থিত
আছিল। মনোনয়নৰ তিনিটা কপি আছিল আৰু প্ৰতিটো কপিত ৫০ গৰাকীকৈ সদস্যৰ স্বাক্ষৰ
আছিল। মনোনয়ন পত্ৰ দাখিলৰ কাৰণে ড০ কালাম সমদল কৰি সংসদ ভৱনলৈ গৈছিল।
মনোনয়ন পত্ৰৰ প্ৰথম কপি কংগ্ৰেছে
প্ৰস্তুত কৰিছিল। ইয়াত ৬০ গৰাকী প্ৰস্তাৱক আৰু ৬০ গৰাকী সমৰ্থকৰ স্বাক্ষৰ আছিল।
ইয়াত ছোনিয়া গান্ধী, মনমোহন
সিং, নাজমা হেপতুল্লা, পি, এম, ছইদ, শিৱৰাজ পাটিল, অর্জুন সিং আৰু মতিলাল ভোৰাৰ স্বাক্ষৰ
চামিল আছিল। দ্বিতীয়টো কপি প্ৰস্তুত কৰিছিল শাসকীয় দলে। প্রস্তাৱক আৰু
সমৰ্থকসকলে সমদল কৰি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড০ কালামৰ লগত সংসদ ভৱনলৈ গৈছিল। সেই
মনোনয়ন পত্র দাখিল অনুষ্ঠানত বহুজন সমাজবাদী দলৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী
মায়াৱতী, তৃণমূল
কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীও উপস্থিত আছিল।
ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচনমণ্ডলীৰ
দ্বাৰা নিৰ্বাচন কৰা হয়। ইয়াত লোকসভা তথা ৰাজ্যসভাৰ নির্বাচিত সদস্য আৰু ৰাজ্য
বিধানমণ্ডলীৰ সদস্য অন্তর্ভুক্ত থাকে।
ৰাষ্ট্ৰপতিৰ নিৰ্বাচনমণ্ডলীত তলত দিয়া
ধৰণে সদস্য থাকে।
লোকসভা- ৫৪৩
ৰাজ্যসভা- ২৩৩
ৰাজ্য বিধান সভা-৪১২০
মুঠ ভোটদাতাৰ সংখ্যা- ৪৮৯৬ গৰাকী।
ৰাজ্য অনুসাৰে ভোটৰ মূল্য
ক্ৰমিক ৰাজ্যৰ বিধান সভাৰ (জনসংখ্যা
১৯৭১ চনৰ লোক পিয়ল অনুসৰি ৰাজ্য আৰু বিধায়কসকলৰ ভোট মূল্য-
(১ ৰাজ্য-অন্ধ্রপ্রদেশ- আসন-২৯৪ বিধায়কৰ
ভোট মূল্য-১৪৮ মুঠ ভোট মূল্য-৪৩৫১২ (২) অৰুণাচল- - ৬০ -
৮ ৪৮০
(৩) অসম - ১২৬ -
১১৬ ১৪৬১৬
(৪) বিহাৰ- ২৪৩ ১৭৩ ৪২০৩৯
(৫)ছত্তিছগড়- ৯০ ১২৯ ১১৬১০
(৬) গোৱা- ৪০ ২০ ৪০০
(৭)গুজৰাট- ১৮২ ১৪৭ ২৬৭৫৪
(৮) হাৰিয়ানা- ৯০ ১১২ ১০০৮০
(৯) হিমাচল প্রদেশ- ৬৮ ৫১ ৩৪৬৮
(১০) জন্মু-কাশ্মীৰ- ৮৭ ৭২ ৬২৬৪
(১১) ঝাৰখণ্ড- ৮১ ১৭৬ ১৪২৫৬
(১২) কৰ্ণাটক- ২২৪ ১৩১ ২৯৩৪৪
(১৩) কেৰেলা- ১৪০ ১৫২ ২১২৮০
(১৪) মধ্যপ্রদেশ- ২৩০ ১৩১ ৩০১৩০
(১৫) মহাৰাষ্ট্ৰ- ২৮৮ ১৭৫ ৫০৪০০
(১৬) মণিপুৰ- ৬০ ১৮ ১০৮০
(১৭) মেঘালয়- ৬০ ১৭ ১০২০
(১৮) মিজোৰাম- ৪০ ৮
৩২০
(১৯) নগালেণ্ড- ৬০ ৯ ৫৪০
(২০) উৰিষ্যা- ১৪৭ ১৪৯
২১৯০৩
(২১) পঞ্জাৱ- ১১৭ ১১৬ ১৩৫৭২ (২২) ৰাজস্থান- ২০০ ১২৯ ২৫৮০০
(২৩)চিকিম- ৩২ ৭ ২২৪
(২৪) তামিলনাড়ু- ২৩৪ ১৭৬ ৪১১৮৪
(২৫)ত্ৰিপুৰা- ৬০ ২৬ ১৫৬০
(২৬) উত্তৰাখণ্ড- ৭০ ৬৪ ৪৪৮০
(২৭) উত্তৰ প্ৰদেশ- ৪০৩ ২০৮ ৮৩৮২৪
(২৮)পশ্চিম বংগ- - ২৯৪ ১৫১ ৪৪৩৯৪
(২৯) দিল্পী- ৭০ ৮৫ ৪০৬০
(৩০) পণ্ডিচেৰী- ৩০ ১৬ ৪৮০
মুঠ- ৪১২০ - ৫৪৯৪৭৪
দেশৰ দ্বাদশ গৰাকী ৰাষ্ট্ৰপতি
নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ২০০২ চনৰ ১৫ জুলাইত দিল্লীৰ লগতে বিভিন্ন ৰাজ্যৰ
ৰাজধানীত সম্পন্ন হয়। সংসদ ভৱনত অনুষ্ঠিত হোৱা ভোটাদনত ৭৭৪ গৰাকী সাংসদৰ ৭৩৫
গৰাকীয়ে ভোটাদন কৰে। ছাব্বিছ গৰাকী সাংসদে বিভিন্ন ৰাজ্যৰ ৰাজধানীত ভোটাদন কৰে।
১৩ গৰাকী সাংসদ ভোটদানৰপৰা বিৰত থাকে। ৰাজস্থানৰ সাংসদ লক্ষ্মীমল্লই স্বাস্থ্যজনিত
কাৰণত আৰু অজ্ঞাত কাৰণত পূৰ্বৰ কেন্দ্ৰীয়মন্ত্ৰী ৰাম জেঠমালিনী ভোটদানৰ পৰা বিৰত
থাকে। সন্ধিয়া পাঁচ বজাত ভোটদান প্রক্রিয়া সমাপ্ত হয়। ৰাজ্যসভাৰ মহাসচিব আৰু
নিৰ্বাচন প্ৰাধিকাৰী আৰ, চি, ত্ৰিপাঠীয়ে ভোটদান প্রক্রিয়া
শান্তিপূর্ণভাবে সম্পন্ন হোৱা বুলি ঘোষণা কৰে। তেওঁৰ ঘোষণা মতে, ৰাজ্যসভাৰ তিনি গৰাকী আৰু লোকসভাৰ ১০
গৰাকী সাংসদ ভোটদানৰপৰা বিৰত থাকে। এই সাংসদসকলৰ মাজত ৰাজীৱ শুক্লা, বেণুকা চৌধুৰী, ৰাজেশ টেগুন ওরফে পাপ্পু যাদৱ, এচ এচ, ওরেটী আৰু বি,পি, বেব দবে সাংসদ চামিল আছিল। পোটা আইনৰ
অধীনত গ্ৰেপ্তাৰ হোৱা এমডিএমকে সাংসদ বাইকোই চেন্নাইত ভোটদান কৰে। নিৰ্বাচন আয়োগৰ
পূৰ্বৰ অনুমতি সাপেক্ষে হিমাচল প্রদেশ, উড়িষ্যা, পঞ্জাৱ
আৰু কেৰালাৰ বিধায়কে সংসদ ভৱনত ভোটদান কৰে।
সংসদ ভৱনৰ ৬৩ নং কোঠালিত ভোটদান
প্রক্রিয়া অনুষ্ঠিত হৈছিল। ফলত এই কোঠালিৰ ফালে যোৱা ৰাস্তাত সুৰক্ষা কৰ্মীয়ে
পহৰা দি আছিল। নির্বাচন আয়োগৰ প্ৰেছ পাছ থকা সাংবাদিক তথা ফটো সাংবাদিককহে মাথোন
ভিতৰলৈ সোমাবলৈ অনুমতি দিয়া হৈছিল। ৰাজ্যসমূহৰপৰা বেলট বাকচসমূহ ১৬ জুলাইৰ
সন্ধিয়াৰ ভিতৰত দিল্লীলৈ অনা হৈছিল। এই বেলট বাকচসমূহ সংসদৰ ৬২ নং কোঠালিত ৰখা
হৈছিল আৰু বেলট বাকচসমূহৰ সুৰক্ষাৰ কাৰণে দিল্লী পুলিচ, কেন্দ্রীয় ৰিজাৰ্ভ পুলিচ আৰু সংসদৰ
সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছিল।
সংসদ ভৱনত ভোটদান প্রক্রিয়া সম্পন্ন
হোৱাৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰমোদ মহাজনৰ উপস্থিতিত বেলট বাকচ ছীল কৰা
হৈছিল। ভোটদানৰ প্ৰথম তিনি ঘণ্টাৰ ভিতৰত ৭৭৬ গৰাকী সাংসদৰ ৭০০ গৰাকীয়ে ভোটদান
কৰিছিল। পলমকৈ ভোটদান কৰা সাংসদৰ ভিতৰত আছিল তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা
বেনাৰ্জী। তেওঁ নিজৰ দলৰ লগত আহি গোপনে ভোটাদান কৰিছিল। সোনকালে ভোটদান কৰা সকলৰ ভিতৰত
আছিল প্ৰধান মন্ত্রী অটল বিহাৰী বাজপেয়ী, বিত্তমন্ত্রী যশৱন্ত সিং, প্ৰতিৰক্ষা মন্ত্ৰী জর্জ ফার্ণাণ্ডেজ আৰু বিৰোধী দলনেত্রী ছোনিয়া
গান্ধী। প্রধানমন্ত্ৰীয়ে ভোটাদন কৰাৰ সময়ত এ.পি.জে আব্দুল কালাম তাত উপস্থিত
আছিল। দহ বজাত ভোটদান প্রক্রিয়া আৰম্ভ হৈছিল আৰু তেতিয়া ভোট-কেন্দ্ৰৰ বাহিৰত
সাংসদসকলৰ দীঘলীয়া শাৰী লাগি আছিল। দুই ঘণ্টাৰ ভিতৰত প্ৰায় পঞ্চাছ শতাংশ ভোটদান
সম্পন্ন হৈছিল। এই ভোটদান প্ৰক্ৰিয়াত উত্তৰ প্ৰদেশৰ সমাজবাদী দল আৰু কংগ্ৰেছৰ ৬
গৰাকী বিধায়ক ভোটদানৰপৰা বিৰত আছিল। উত্তৰ প্ৰদেশৰ ৪০৩ গৰাকী বিধায়কৰ ভিতৰত
মুখ্যমন্ত্রী মায়াৱতী, বিধান
সভাৰ অধ্যক্ষ, প্রাক্তন
কেন্দ্রীয় মন্ত্ৰী ৰাজনাথ সিং,
কল্যাণ সিং সমন্বিতে ৩৯৭ গৰাকী বিধায়কে ভোটদান সাব্যস্ত কৰিছিল।
সমাজবাদী দলৰ বিধায়ক বিজয় কুমাৰ মিশ্ৰ আৰু আতীক আহমেদ জেলত বন্দী থকাৰ কাৰণে জে'লৰ ভিতৰতে ভোটদান কৰিছিল।
নির্বাচকমণ্ডলীয়ে তেওঁলোকক ডাকযোগে ভোটদান কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল। ৰাৰী
বিধানসভা সমষ্টিৰ লোকজনশক্তিৰ বিধায়ক ধনঞ্জয় সিং জে'লত বন্দী হৈ থকাৰ ফলত কটকটীয়া
সুৰক্ষাৰ মাজত তেওঁক ভোটদানৰ কাৰণে জৈনপুৰলৈ অনা হৈছিল।
ৰাজস্থানৰ ৰাজ্যবিধান সভাৰ ১৯৯ গৰাকী
বিধায়কৰ ১৯৭ গৰাকীয়ে ভোটদান কৰিছিল। কংগ্ৰেছ দলৰ ডাঃ কে, চি চৌধুৰী আৰু ভব্বৰ সিং ৰাজধানীৰপৰা
বাহিৰত থকা কাৰণে ভোটদান কৰিবপৰা নাছিল। মার্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ অমৰৰামে
সৰ্বপ্ৰথম আৰু বহুজন সমাজবাদী পাৰ্টীৰ মাহিব আজাদে সৰ্বশেষত ভোটাদন কৰিছিল।
কংগ্ৰেছৰ ফালৰপৰা মহেশ যোশীয়ে আটাইতকৈ আগত ভোটাদন কৰিছিল। মন্ত্ৰী পৰিষদৰ সদস্যৰ
ভিতৰত সকলোতকৈ প্ৰথম ভোটদান কৰিছিল জনসম্পর্ক ৰাজ্যমন্ত্রী ডাঃ জিতেন্দ্র সিঙে।
মহিলা সদস্যৰ ভিতৰত বীণা কাকে সর্বপ্রথম ভোটদান কৰিছিল।•
কালামৰ কামাল
১৫ জুলাইত সম্পন্ন হোৱা ভোটদানৰ ফলাফল
২০০২ চনৰ ১৮ জুলাইত তিনি ঘণ্টাব্যাপী ভোট গণনাৰ অন্তত নিৰ্বাচন প্ৰাধিকাৰী আৰ চি, ত্রিপাঠীয়ে ঘোষণা কৰে। একপক্ষীয়
নির্বাচনত ড০ কালামে একমাত্র প্রতিদ্বন্দ্বী ডাঃ লক্ষ্মী সাহগলক ৪৫৯ টা ভোটৰ
বিপৰীতে ৪১৫২ টা ভোটত পৰাজিত কৰে। ত্রিপাঠীয়ে ঘোষণা কৰে 'মই ৰাষ্ট্ৰ পতি পদৰ নিৰ্বাচন
প্ৰাধিকাৰী হোৱাৰ সুবাদত দিল্লীৰ 'এচিয়া
ডে গ্ৰামৰ নিবাসী এ, পি, জে, আব্দুল কালামক ভাৰতৰ পৰৱৰ্ত্তী ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰিলো।' এই ঘোষণাৰ সময়ত ৬০ কালামৰ নির্বাচনী
এজেন্ট দূৰসঞ্চাৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী প্রমোদ মহাজন তথা ডাঃ সহগলৰ নির্বাচনী
এজেন্ট মার্ক্সবাদী দলৰ ৰাজ্যসভার সদস্য নীলোৎপল বসু উপস্থিত আছিল। ড০ কালামে কে, আৰ, নাৰায়ণনৰ কাৰ্যকাল ২৪ জুলাইত সমাপ্ত হোৱাৰ পাছত সংসদৰ কেন্দ্ৰীয়
কক্ষত এক ভব্য সমাৰোহত শপত গ্ৰহণ কৰে। ড০ কালামে প্রাপ্ত ভোটৰ মূল্য আছিল ৯,২২,৮৮৪ তথা ডাঃ সহগলৰ ভোটৰ মূল্য আছিল ১,০২,৩৬৬।
এই নিৰ্বাচনত ১৭৪ টা ভোট অবৈধ ঘোষণা কৰা হৈছিল। যাৰ মূল্য আছিল ৪৫,৫৬৯ ।
ডাঃ সহগলে মাথোন প্রতীকাত্মক যুঁজহে
দিছিল। কাৰণ তেওঁৰ পৰাজয় নিশ্চিত আছিল। এই নিৰ্বাচনত বামপন্থী শাসিত রাজ্য
ত্ৰিপুৰা আৰু পশ্চিম বংগই ডাঃ সহগলৰ স্বপক্ষে ভোটদান কৰিছিল। এই দুই ৰাজ্যৰপৰা ডাঃ সহগলে ক্ৰমশঃ ৪১
আৰু ১৪৭ টা ভোট লাভ কৰিছিল আৰু কালামে লাভ কৰিছিল ১৭ আৰু ৯০ টা ভোট। কালামে
সর্বাধিক ৩৮৬ টা ভোট লাভ কৰিছিল উত্তৰ প্ৰদেশত। মহাৰাষ্ট্ৰত ২৬৪, অন্ধ্র প্রদেশত-২৬৪ তথা তামিলনাডুত ২১৭
টা ভোট পাইছিল। অৰুণাচল প্ৰদেশ,
ছত্তীশগড়, হবিয়ানা, মিজোৰাম, নগালেণ্ড, চিকিম
আৰু পণ্ডিচেৰীত কেপ্তেইন সহগলে এটা ভোটো পোৱা নাছিল।
নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত
বামপন্থী দলে দাবী কৰিছিল যে, সহগলে
১৭ হাজাৰ ভোট অধিক পাইছে। ১৭ গৰাকী সাংসদৰ ভোট অধিক পোৱা বুলিও দাবী কৰে। সেয়া
যিয়ে নহওঁক কিয় ৮,১৫,৫১৮ টা ভোটৰ ব্যৱধানত জয়ী হে কে, আৰ, নাৰায়ণনৰ পাছত সৰ্বাধিক ভোট লাভ কৰি ড০ কালাম ৰাষ্ট্ৰপতি হিচাপে
নির্বাচিত হয়। ড০ কালামে ৯,২২,৮৮৪ টা ভোট লাভ কৰাৰ বিপৰীতে কে, আব, নাৰায়ণনে ৯,৫৬,২৯০ টা ভোট লাভ কৰিছিল। কে, আব, নাৰায়ণনৰ প্ৰতিদ্বন্দ্বী আছিল টি, এন, শেষা।
তেওঁ মাথোন ৫০,৬৩১
টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ ফলত নাৰায়ণন ৯,৫,৬৫৮ টা ভোটত বিজয় সাৱ্যস্ত কৰিছিল।•
ৰাজ্য হিচাপে উভয় প্রত্যাশীয়ে পোৱা
ভোটৰ পৰিমাণ
ৰাজ্য কালামৰ ভোট ভোট মূল্য
লক্ষ্মী সহগলৰ- ভোট মূল্য
অন্ধ্র প্রদেশ- ২৬৪ ৩৯০৭২ ২
২৯৬
অৰুণাচল- ৫৭ ৪৫৬ - -
অসম- ১১৩ ১৩১০৮ ১
১১৬
বিহাৰ- ২১৫ ৩৭১৯৫ ১৭
২৯৪১
ছত্তীশগড়- ৮৫ ১০৯৬৫ -
-
গোৱা- ৩৪ ৬৮০ ৩
৬০
গুজৰাট- ১৭৪ ২৫৫৭৮ ২
২৯৪
হাৰিয়াণা- ৮৬
৯৬৩২ - -
হিমাচল প্রদেশ- ৬২ ৩১৬২ ১
৫১
জম্মু-কাশ্মীৰ- ৭২ ৫১৮৪ ২
১৪৪
ঝাৰখণ্ড- ৭৪ ১৩০২৪ ৫
৮৮০
কর্ণাটক- ২০২ ২৬৪৬২ ১৩
১৭০৩
কেৰালা- ৯৭ ১৪৭৪৪ ৩৯
৫৯২৮
মধ্য প্রদেশ- ২১৬ ২৮২৯৬
২ ২৬২
মহাৰাষ্ট্ৰ - ২৬৪ ৪৬২০০ ২
১৫৭৫
মণিপুৰ- ৫০
৯০০ ৪ ৭২
মেঘালয়- ৫৩ ৯০১ ১
১৭
মিজোৰাম- ৪০ ৩২০ -
-
নগালেণ্ড- ৫৪ ৪৮৬ -
-
উড়িষ্যা- ১৩০ ১৯৩৭০ ১২
১৭৮৮
পঞ্জাৱ- ৮৭ ১০০৯২ ৯
১৪৪
ৰাজস্থান- ১৮৯ ২৪৩৮১ ২
২৫৮
চিকিম- ৩০ ২১০ -
-
তামিলনাড়ু- ২১৭ ৩৮১৯২ ১০
১৭৬০
ত্ৰিপুৰা- ১৭ ৪৪২ ৪১
১০৬৬
উত্তৰাখণ্ড- ৬৩ ৪০৩২ ৩
১৯২
উত্তৰ প্ৰদেশ- ৩৮৬
৮৮২৮৮ ২ ৪১৬
পশ্চিম বংগ- ৯০ ১৩৫৯০ ১৯৭
২৯৭৪৭
দিল্লী- ৬৫ ৩৭৭০ ২
১১৬
পণ্ডিচেৰী- ২৮ ৪৪৮ -
-
সাংসদ- ৬৩৮
৪৫১৭০৪ ৮০ ৫৬৬৪০
মুঠ ৯,২২,৮৮৪ ১,০২,৩৬৬
বৰ্তমানলৈকে নির্বাচিত হোৱা ৰাষ্ট্ৰপতি আৰু প্ৰাপ্য ভোট বিজয়ী প্রার্থী মুঠ প্রাপ্য
ভোট
নিৰ্বানৰ চন
মুখ্য প্রতিদ্বন্ধী
১ মে-১৯৫২ ৰাজেন্দ্ৰ প্ৰসাদ ৫,০৭,৪০০
(৮৩.৮১) কে, টি, শাহ
২. মে' – ১৯৫৭ ৰাজেন্দ্ৰ প্ৰসাদ ৪,৫৯,৬৯৮ (৯৮.৯৯) এন, এন, দাস
৩ মে' – ১৯৬২ এচ, ৰাধাকৃষ্ণন ৫,৫৩,067 (৯৮.২৫) চি, এচ, ৰাম
৪ মে'-১৯৬৭ জাকিৰ হুছেইন ৪,৭১,২৪৪ (৫৬.২৩) কে, চুব্বাৰাও
৫ আগষ্ট-১৯৬৯ ভি, ভি, গিবি ৪,২০,০৭৭ (৪৮.০১ ) এন, এচ, ৰেড্ডী
৬আগষ্ট-১৯৭৪ফখৰুদ্দিনআলিআহমদ৭,৫৬,৫৮৭(৮০.১৮)ত্রিদেৱচৌধুৰী
৭ জুলাই-১৯৭৭ এন, এচ, ৰেড্ডী বিনাপ্রতিদ্বন্ধিতাৰে
নিৰ্বাচিত হৈছিল।
৮ জুলাই-১৯৮২ জ্ঞানী জেইল সিং
৭,৫৪,১১৩(৭২.৭৩) এচ, আৰ, খান্না
৯ জুলাই-১৯৮৭ আৰ, ভেংকট ৰমন ৭,৪০১৪৮ (৭২.২৯) বি, আৰ, কে, আয়াৰ
১০ জুলাই ১৯৯২ ড০ এচ,ডি,শৰ্মা ৬,৭৫,৮৬৪(৬৫.৮৬)
১১ জুলাই-১৯৯৭ কে,আৰ নাৰায়ণন ৯,৫৬,২৯০(৯৪.৯৭) টি, এন, শেষন
২৫ জুলাই-২০০২ আব্দুল কালাম ৯,২২,৮৮৪ ড০ লক্ষ্মী
সহগল
২১জুলাই-২০০৭ প্রতিভা দেৱী সিং পাটিল ৬,৩৮,১১৬ ভেৰৌ সিং শেখাৱট
২৫ জুলাই ২০১২ প্ৰণৱ মুখার্জী ৭,১৩,৭৬৩ পি, এ চাংমা
২০০২ চনৰ ২৫ জুলাইত ড০ কালাম
ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ দিনা কালাম বিদায়ী ৰাষ্ট্ৰপতি কে, আৰ নাৰায়ণনৰ লগত ৰাষ্ট্ৰপতি ভৱনৰপৰা
মহাসমারোহেৰে সংসদ ভৱনলৈ আহে আৰু এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। সিদিনা
তেওঁলোকৰ লগত আহিছিল উপ-ৰাষ্ট্ৰপতি কৃষ্ণকান্ত পন্ত, লোকসভাৰ অধ্যক্ষ মনোহৰ যোশী আৰু মুখ্য ন্যায়াধীশ বি, এন, কিপাল।
শপত গ্রহণ অনুষ্ঠানত সিদিনা বিজ্ঞানী
আৰ, চিদাম্বৰৰ্ম, অনিল কাকোদকাৰ, কস্তুৰী ৰঙ্গন, প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী, উপ- প্রধান মন্ত্রী এল, কে, আদবানী, বিরোধী
দলনেত্রী ছোনিয়া গান্ধী, ৰামেশ্বৰৰ্মৰ
পৰা অহা পুৰোহিত ভেংকটেশ শাস্ত্রী ৰামগোলো, ভালে সংখ্যক বিজ্ঞানী,
ৰাজনৈতিক নেতা আৰু এশজন ছাত্র-ছাত্রী উপস্থিত আছিল। এক
গাম্ভীর্যপূর্ণ অনুষ্ঠানত দ্বাদশগৰাকী ৰাষ্ট্ৰপতিৰূপে তেওঁক শপত বাক্য পাঠ কৰোৱায়
মুখ্য ন্যায়াধীশ বি, এন, কিপালে। ৰাষ্ট্ৰপতিৰূপে শপত বাক্য পাঠ
কৰোৱাৰ পাছত পৰম্পৰাগতভাবে ২১ টা তোপধ্বনি কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিক সন্মান
জনোৱা হয়। ইয়াৰ পাছত নৱ নিযুক্ত ৰাষ্ট্ৰপতি আৰু বিদায়ী ৰাষ্ট্ৰপতিয়ে আসন
সলনা-সলনি কৰে।
ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰি ড০
কালামে ৰাষ্ট্ৰৰ উদ্দেশ্যে দহমিনিটীয়া চমু ভাষণ প্ৰদান কৰে। সেই ভাষণত তেওঁ
সীমান্ত অতিক্ৰম কৰি সৃষ্টি হোৱা কাশ্মীৰৰ সন্ত্ৰাসবাদ আৰু অভ্যন্তৰীণ অস্থিৰতা
দূৰ কৰাৰ বাবে সামৰিক উন্নয়ন আৰু দেশৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক
গুৰুত্বাৰোপ কৰে। দেশৰপৰা দৰিদ্ৰতা আৰু নিৱনুৱা সমস্যা আঁতৰ কৰাৰ বাবে দ্রুত
অর্থনৈতিক উন্নয়নৰ প্ৰয়োজনীয়তা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাক প্ৰতিগৰাকী ভাৰতীয়ই
ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ৰূপে গণ্য কৰিবলৈ আহ্বান জনায়। ক্ষুদ্র লক্ষ্য অপৰাধ বুলিও
মন্তব্য কৰে তেওঁৰ এই ভাষণত । তেওঁ নৱপ্ৰজন্মক উদ্দেশ্য কবি কয় যে, তরুণসকলে যদি আন্তৰিকতাৰে ভাৰতৰ গীত
গাবলৈ আৰম্ভ কৰে, তেনেহ'লে ভাৰত নিশ্চিতভাবে উন্নত ৰাষ্ট্ৰলৈ
পৰিণত হ'ব- য'ত নাথাকিব দৰিদ্ৰতা, নিৰক্ষৰতা আৰু নিৱনুৱা সমস্যা। সেয়া হ'ব অর্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অভ্যন্তৰীণ
ঐক্যৰ সপোন।
সদৌশেষত ৰাষ্ট্ৰীয় সংগীতেৰে এই ভব্য
অনুষ্ঠানৰ সামৰণি মৰা হয়। তাৰ পাছত ছখনীয়া দুৱাৰ সম্বলিত লেমুজিন গাড়ীত তুলি ড০
কালামক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰি নিয়া হয়। ইয়াৰ পাছত ড০ কালামে বিদায়ী ৰাষ্ট্ৰপতি
কে, আৰ নাৰায়ণনক ৩৪
নং পৃথ্বীৰাজ ৰোডত থকা নতুন বাস ভবনলৈ আগবঢ়াই থয়।
২০০৭ চনৰ ২৫ জুনত ড০ কালামৰ ৰাষ্ট্ৰপতি
হিচাপে কাৰ্যকাল সমাপ্ত হয় আৰু তেওঁ ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰি বিভিন্ন অনুষ্ঠানৰ
লগত জড়িত হৈ পৰে।*
কালামৰ বিয়োগ আৰু শেষকৃত্য
২০১৫ চনৰ ২৭ জুলাইত কালাম 'Creating
a livable planet Earth' শীর্ষক
বক্তৃতা প্ৰদান কৰিবলৈ চিলঙৰ ভাৰতীয় মেনেজমেণ্ট প্ৰতিষ্ঠানলৈ গৈছিল।
প্রতিষ্ঠনটোলৈ যোৱাৰ বাটতে ফ্লাইটৰ জখলা বগাই থাকোতে তেওঁ অস্বস্তি অনুভৱ কৰিছিল।
কিন্তু চমু জিৰণি লোৱাৰ পাছত তেওঁ ৬.৩৫ বজাত প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত প্ৰৱেশ
কৰি বক্তৃতা আৰম্ভ কৰে। মাথোন পাঁচ মিনিট বক্তৃতা প্ৰদানৰ পাছত তেওঁ ঢলি পৰে আৰু
সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেওঁক চিলঙৰ বেথানি হাস্পতাললৈ লৈ যোৱা হয়। তাত তেওঁক
৭.৪৫ বজাত মৃত বুলি ঘোষণা কৰা হয়। মৃত্যুৰ আগমুহূৰ্তত তেওঁ কোৱা বাক্যটো আছিল- Funny
guy! Are you doing well?
মৃত্যুৰ পাছত তেওঁক ভাৰতীয় বিমান
বাহিনীৰ হেলিকপ্টাৰত চিলঙৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু ২৮ জুলাইত গুৱাহাটীৰপৰা
বিমান বাহিনীৰ C-130J
Hercules হেলিকপ্তার যোগে
বাতিপুৱা দিল্লীলৈ নিয়া হয়। আবেলি উক্ত হেলিকপ্তাব দিল্লীত অৱতৰণ কৰে আৰু তাত
ৰাষ্ট্ৰপতি, প্রধান
মন্ত্ৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ লগতে ভাৰতীয় সেনাৰ তিনি গৰাকী
মুৰব্বীয়ে উক্ত শৱদেহ গ্ৰহণ কৰি মাল্যাৰ্পণ কৰে। তাৰ পাছত ড০ কালামৰ শৱদেহ
ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই তেওঁৰ ১০ ৰাজাজী মাৰ্গত অৱস্থিত বাসগৃহলৈ নিয়া হয় ।
তাত জনতাৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে তেওঁক শেষশ্রদ্ধা জ্ঞাপন করে। উক্ত
শ্রদ্ধাঞ্জলি অনুষ্ঠানত প্রাক্তন প্রধান মন্ত্রী মনমোহন সিং, কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধী, কংগ্ৰেছ উপাধ্যক্ষ ৰাহুল গান্ধী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ
যাদৱকে আদি কৰি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।
২৯ জুলাইৰ ৰাতিপুৱা ভাৰতীয় জাতীয়
পতাকাবে মেৰিয়াই বিমান বাহিনীৰ এয়াৰ ফোৰ্চ- C-130J Hercules হেলিকপ্তাৰযোগে আবেলি মানুৰাই লৈ নিয়া
হয়। তাত তিনি গৰাকী সেনা প্ৰধানৰ লগতে কেবিনেট মন্ত্রী মনোহৰ পাৰিকৰ, ভেকেয়া নাইডু, প'ন বাধাকৃষ্ণন তামিলনাডুৰ ৰাজ্যপাল কে, কোচাইয়া, মেঘালয়ৰ
ৰাজ্যপাল খনমুগানাথনৰ লগতে বহু ৰাজ্যিক আৰু কেন্দ্রীয় নেতৃত্বই ড০ কালামৰ শৱদেহ
গ্ৰহণ কৰে আৰু সংক্ষিপ্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত শৱদেহ হেলিকপ্তাৰেৰে মান্দাপাম
চহৰলৈ নিয়া হয়। তাৰপৰা সেনা বাহিনীৰ ট্ৰাকত ৰামেশ্বৰমলৈ নিয়া হয়। তাত স্থানীয়
বাছষ্টেণ্ডৰ সন্মুখত জনতাৰ দৰ্শনৰ বাবে তেওঁৰ শৱদেহ এডোখৰ মুকলি ঠাইত ৰখা হয় আৰু
তাত জনতাই তেওঁক সন্ধিয়া ৮ বজালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
৩০ জুলাইত প্রাক্তন ৰাষ্ট্ৰপতি গৰাকীক
ৰামেশ্বৰমৰ পেই কুকম্ভুত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যদাৰে ৩৫০০০০ অনুৰাগীৰ উপস্থিতিত
সমাধিস্থ কৰা হয়। তেতিয়া তাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, তামিলনাডুৰ ৰাজ্যপাল, কংগ্ৰেছ উপাধ্যক্ষ ৰাহুল গান্ধীৰ লগতে
কৰ্ণাটক, কোলা আৰু
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল।*
দেশ-বিদেশৰ
বিভিন্ন ৰাজনৈতিকৰ শোক প্রকাশ-
কালামৰ মৃত্যুত ৰাজনৈতিক নেতৃত্ব, জনতা আৰু সংবাদ মাধ্যমে গভীৰ শোক
প্ৰকাশ কৰে। ভাৰত চৰকাৰে ড০ কালামৰ সন্মানাৰ্থে সাত দিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ
কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জী, উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী, গৃহমন্ত্ৰী ৰাজনাথ সিং, আৰু অন্যান্য নেতাই কালামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। কালামৰ
মৃত্যুত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰি কয়- কালামৰ মৃত্যু
বিজ্ঞান জগতৰ কাৰণে অপূৰ্ণীয় ক্ষতি। তেওঁ ভাৰতক উচ্চ শিখৰলৈ আৰোহণ কৰাইছে। তেওঁ
ভাৰতীয় মানুহক পথপ্রদর্শন কৰিছে।
কালামৰ লগত দীর্ঘদিন কাম কৰা প্ৰাক্তন
প্ৰধান মন্ত্রী মনমোহন সিঙে কৈছে- 'আমাৰ
দেশে এগৰাকী মহান মানৱতাবাদী হেৰুৱালে, যিগৰাকীয়ে আমাৰ দেশৰ প্ৰতিৰক্ষা টেকন'লজিৰ উত্তৰণত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে। মই প্রধান মন্ত্ৰী হিচাপে
ড০ কালামৰ নিকট সান্নিধ্যত আছিলো আৰু মই এগৰাকী ৰাষ্ট্ৰপতি হিচাপে তেওঁৰপৰা
মূল্যবান পৰামৰ্শ পাইছিলো। তেওঁৰ জীৱন আৰু কৰ্ম আমাৰ উত্তৰপুৰুষে স্মৰণত ৰাখিব।'
"ইচৰো'ৰ চেয়াৰমেন কিৰণ কুমাৰে কৈছে- 'ড০ কালাম মহান ব্যক্তিত্বৰ অধিকাৰী আৰু
এগৰাকী ভদ্রলোক আছিল।
প্রাক্তন চেয়াৰমেন জি, মাধভানে কৈছে- ড০ কালাম এজন
আন্তঃৰাষ্ট্ৰীয় নেতা। তেওঁৰ ওচৰত নিষ্পেষিত আৰু দুখীয়া মানুহৰ গুৰুত্ব সৰ্বপ্ৰথম
আছিল। তেওঁ যুৱপ্ৰজন্মৰ কাৰণে কিবা এটা কৰাৰ কাৰণে সদায় চিন্তা কৰিছিল। তেওঁ আৰু
কৈছিল যে, তেওঁৰ
মৃত্যুই পুৰাব নোৱাৰা শূন্যতা সৃষ্টি কৰিলে, যাক পূৰণ কৰা সম্ভৱ নহয়।
দক্ষিণ এছিয়াৰ নেতাসকলেও গভীৰ শোক
প্রকাশ কৰিছিল। ভূটান চৰকাৰে শোক প্ৰকাশৰ কাৰণে জাতীয় পতাকা অর্ধনমিত কৰি ৰখাৰ
বাবে নির্দ্দেশ দিছিল আৰু এহেজাৰটা মাখনৰ চাকি জ্বলাই গভীর শোক প্রকাশ কৰিছিল।
ভূটানৰ প্ৰধান মন্ত্রী শ্বে িটোবগেই ইয়াকে কৈ শোক প্ৰকাশ কৰিছিল যে, কালাম এনেকুৱা এগৰাকী নেতা আছিল, যিগৰাকীক দেশৰ মানুহে সন্মান কৰিছিল।
বিশেষকৈ যুৱপ্ৰজন্মই তেওঁক জনতাৰ ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি দিছিল।
বাংলাদেশৰ প্ৰধান মন্ত্রী শেখ হাচিনাই
কৈছে- তেওঁ বিবল ব্যক্তিত্বৰ অধিকাৰী আছিল, স্বনামধন্য বৈজ্ঞানিক আৰু দক্ষিণ এছিয়াৰ যুৱপ্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ
উৎস আছিল। তেওঁৰ মৃত্যু ভাৰত আৰু বিদেশৰ কাৰণে অপূরণীয় ক্ষতি।
বাংলাদেশৰ নেচনেল পাৰ্টীৰ নেত্রী
খালেদা জিয়াই কৈছে- এগৰাকী পাৰমাণৱিক বৈজ্ঞানিক হিচাপে তেওঁ মানৱ কল্যাণৰ কাৰণে
নিজক ব্যস্ত ৰাখিছিল।
আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রাফ গণিয়ে
কৈছে- কালাম লক্ষ মানুহৰ প্ৰেৰণাৰ উৎস আছিল। আমি তেওঁৰ জীৱনৰপৰা বহু শিকিব লগা আছে।
নেপালৰ প্ৰধান মন্ত্রী সুশীল কৈবালাই
কৈছে- নেপালে এগৰাকী ভাল বন্ধু হেৰুৱালে আৰু মই এগবাকী সন্মানীয় আৰু আদর্শ
ব্যক্তিত্ব হেৰুৱালো।
পাকিস্তানৰ ৰাষ্ট্ৰপতি মামুন হুছেইন
আৰু প্ৰধান মন্ত্রী নৱাজ শৰীফেও কালামৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা
জ্ঞাপন কৰিছে।
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্রিপালা
চিৰিসেনাই শোক প্রকাশ কৰি কৈছে- ড০ কালাম এগৰাকী দৃঢ়প্রতিজ্ঞ আৰু অদম্য শক্তি
সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। মই তেওঁক বিশ্বৰ এগৰাকী প্ৰখ্যাত ৰাজনীতিজ্ঞ
হিচাপে দেখিছো । তেওঁৰ মৃত্যুত মাথোন ভাৰতৰে নহয়, সমগ্র বিশ্বৰে ক্ষতি হৈছে।
মালদ্বীপৰ ৰাষ্ট্ৰপতি আব্দুল্লা
ইয়ামিন আৰু উপ-ৰাষ্ট্ৰপতি আহমেদ আধীবে শোক প্রাকশ কৰিছে। ইয়ামীনে কালামক
মালদ্বীপৰ নিকট বন্ধু বুলি কৈছে আৰু লগতে কৈছে, কালাম ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ নৱপ্ৰজন্মৰ কাৰণে প্ৰেৰণাৰ উৎস হৈ
থাকিব। মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মামুন আব্দুল গাউমে কৈছে- কালামৰ বিয়োগ
মানব জাতিৰ কাৰণে ডাঙৰ ক্ষতি।
ম্যানমাৰ আর্মড ফোৰ্চৰ কমাণ্ডার-ইন-চীফ
জ্যেষ্ঠ সেনাপতি মিন অংগ হিয়াংগে ম্যানমান চৰকাৰৰ তৰফৰ পৰা শোক প্রকাশ কৰিছে।
দালাই লামাই শোক প্রকাশ কৰিছে। তেওঁ
সমবেদনা জ্ঞাপনৰ লগতে প্ৰাৰ্থনা কৰি কৈছে- কালামৰ মৃত্যু অপূৰ্ণীয় ক্ষতি।
অন্টিৰিওৰ প্ৰধান কাথলীন ৱাইনে গভীৰ
শোক প্ৰকাশ কৰি কৈছে- এগৰাকী সন্মানীয় বৈজ্ঞানিক হিচাপে কালামে ভাৰতৰ অন্তৰীক্ষ
প্রোগ্ৰামৰ উন্নতিৰ কাৰণে কঠোৰ দায়িত্ব পালন কৰি গৈছে। এগৰাকী উছৰ্গিত শিক্ষাবিদ
হিচাপে কোটি কোটি যুৱপ্ৰজন্মই কেনেকৈ উন্নতিৰ লক্ষ্যত উপনীত হ'ব পাৰে তাৰ কাৰণে অনুপ্ৰাণিত কৰি গৈছে
আৰু এগৰাকী সমর্পিত নেতা হিচাপে জনতাৰ ৰাষ্ট্ৰপতি হৈ দেশ আৰু বিদেশৰ পৰা সহযোগিতা
পাইছে। মই ইণ্ডো-কানাডিয়ান পৰিয়াল, বন্ধুবৰ্গ আৰু ওচৰ-চুবুৰীয়াৰ লগত মিলিত হৈ আমাৰ মাজৰপৰা আঁতৰি যোৱা
সন্মানিত নেতাৰ কাৰণে শোক প্ৰকাশ কৰিছো।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি
বাৰাক ওবামাই পৰলোকগত প্রাক্তন ৰাষ্ট্ৰপতি ৬০ এ,পি,জে, আব্দুল কালামৰ মৃত্যুত ভাৰতবাসীলৈ গভীৰ
সমবেদনা জ্ঞাপন কৰিছে আৰু এগৰাকী বৈজ্ঞানিক আৰু ৰাজনীতিবিদ হিচাপে আগবঢ়োৱা অৱদানৰ
ওপৰত বিশেষকৈ ইউ,এচ-ইণ্ডো
উভয় দেশৰ মাজত অন্তৰীক্ষ সহযোগিতাৰ ক্ষেত্ৰত সম্পর্ক বৃদ্ধিৰ ওপৰত আলোকপাত কৰিছে।
ৰাচিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে
গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমবেদনা আৰু সহযোগিতাৰ কথা ব্যক্ত কৰি কৈছে- পৰলোকগত
নেতা ভাৰত চৰকাৰ আৰু সমগ্ৰ ভাৰতীয়ৰ হিয়াৰ আমঠু আছিল। তেওঁ আৰু উল্লেখ কৰিছে যে, ভাৰতৰ সামাজিক, অর্থনৈতিক, বিজ্ঞান, প্ৰযুক্তিৰ উন্নতি আৰু জাতীয় প্ৰতিৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত
তেওঁৰ যথেষ্ট ব্যক্তিগত অৱদান আছে। তেওঁ আৰু সংযোগ কৰিছে। তেওঁ উভয় দেশৰ লগত
বন্ধুত্বপূৰ্ণ সম্পর্ক স্থাপনৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰি গৈছে। তেওঁ
ৰাচিয়া-ভাৰতৰ পৰম্পৰৰ সম্পৰ্ক উন্নত কৰিবলৈ বহু কাম কৰিছে।
অন্যান্য আন্তঃৰাষ্ট্ৰীয় নেতা যেনে-
ইণ্ডোনেচিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চুছিলো বামবাংগ, মালয়চিয়াৰ প্ৰধান মন্ত্রী নাজিব ৰাজাক, চিংগাপুৰৰ প্রধান মন্ত্রী লি চিন লুংগ, সংযুক্ত আরব এমেৰিটিৰ ৰাষ্ট্ৰপতি শেইখ
খলিফা বিন জায়েদ আল নাহ্যান, উপ-ৰাষ্ট্ৰপতি, প্রধান মন্ত্ৰীয়ে শোক প্রকাশ তথা
সমবেদনা জ্ঞাপন কৰিছে।
ডুবাইৰ আমীৰ শেইখ মহম্মদ বিন ৰছিদ আল
মাকতুমে সমবেদনা জ্ঞাপন কৰিছে।
ইয়াৰ উপৰিও সমগ্ৰ ভাৰতীয় জনতা ৬০
কালমৰ মৃত্যুত শোকত ভাঙি পৰিছিল আৰু মন্দিৰ, নামঘৰত চাকি বস্তি প্রজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
সমগ্ৰ ভাৰতীয় জনতাই কালামক যুগ যুগ
ধৰি স্মৰণ কৰিব আৰু নৱপ্ৰজন্মৰ কাৰণে তেওঁ সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব।
ড০ এ, পি জে আব্দুল কালামৰ অমৰ বাণী
(১) সেয়া সপোন নহয়, যি আমি টোপনিত দেখা পাওঁ, সপোন সেয়া যিয়ে আমাক টোপনি যাবলৈ
নিদিয়ে।
(২) মহান সপোন দেখা সকলৰ সপোনে বাস্তৱ
ৰূপ ধাৰণ কৰে ৷
(৩) শিখৰলৈ উঠিবলৈ হ'লে শক্তিৰ প্ৰয়োজন, লাগিলে সেয়া এভাবেষ্টৰ শিখবে হওঁক, অথবা নিজৰ বৃত্তিয়ে হওঁক।
(৪) কৃত্রিম সুখৰ পৰিৱৰ্ত্তে নিজৰ
উপলব্ধিৰ পাছত সমৰ্পিত হওঁক।
(৫) আত্মসন্মান আত্মনিৰ্ভৰতাৰ পৰা আহে।
(৬) ইংৰাজীৰ আৱশ্যক আছে, কিয়নো সম্প্রতি বিজ্ঞানৰ মূল কৰ্ম
ইংৰাজীত। মোৰ বিশ্বাস অনাগত দুটা দহকত বিজ্ঞানৰ মূল কৰ্ম আমাৰ ভাষালৈ আহিবলৈ আৰম্ভ
কৰিব; তেতিয়াহে আমি
জাপানীসকলৰ দৰে আগবাঢ়িব পাৰিম।
(৭) ভগবানে আমাৰ মস্তিষ্ক আৰু
ব্যক্তিত্বত অসীম শক্তি আৰু ক্ষমতা প্ৰদান কৰিছে। ঈশ্বৰ প্ৰাৰ্থনাই আমাক সেই শক্তি
বিকশিত কৰিবলৈ সহায় কৰে।
(৮) মই সদায় এই কথা স্বীকাৰ কৰিবলৈ
সাজু আছিলো যে, মই
কোনো বস্তু পৰিৱৰ্ত্তন কৰিব নোৱাৰো।
(৯) যদি কোনো এখন দেশ
ভ্ৰষ্টাচাৰৰ্ভুক্ত আৰু সুন্দৰ মানসিকতাৰ মানুহৰ দেশ হ'ব বিচাৰে তেনেহ'লে মই দৃঢ়তাপূর্বক স্বীকাৰ কৰো যে, সমাজৰ তিনি গৰাকী ব্যক্তিয়ে এই কাম
কৰিব পাৰে- পিতা, মাতা
আৰু গুৰু।
(১০) আমি স্বতন্ত্ৰ নহ'লে কোনেও আমাক সমাদৰ নকৰে ।
(১১) আমি ভাৰতত সদায় মৃত্যু, বেমাৰ, আতংকবাদ আৰু অপৰাধৰ বিষয়ে পঢ়োঁ।
(১২) আহক আমি বর্তমানক বলিদান দিও যাতে
আমাৰ সন্তান কাইলে ভাল হ'ব
পাৰে।
(১৩) আকাশৰ ফালে চাওঁক, আমি অকলশৰীয়া নহয়। সমগ্র
বিশ্বব্ৰহ্মাণ্ড আমাৰ কাৰণে অনুকুল আৰু যিজনে সপোন দেখে আক পশ্ৰিম কৰে তেওঁক
প্ৰতিফল দিয়াৰ বাৰ্তা দিয়ে।
(১৪) মানুহৰ কাৰণে কঠিনতা আৱশ্যক, কিয়নো সফলতাৰ আনন্দ উপভোগ কৰাৰ কাৰণে
ইয়াৰ প্ৰয়োজন আছে।
(১৫) ধৰ্ম বৰ্তাই ৰখা আৰু সম্প্ৰসাৰণৰ
কাৰণে কোনো ধর্মই আমাক বেলেগক হত্যাৰ কথা কোৱা নাই।
(১৬) মোক কওঁক ইয়াত (ভাৰতত) মিডিয়া
ইমান নাকাৰাত্মক কিয়? ভাৰতত
আমি নিজৰ ভাল, নিজৰ
উপলব্ধি প্ৰদৰ্শন কৰিবলৈ ইমান লাজ কৰো কিয়? আমাৰ ৰাষ্ট্ৰখন মহান,
আমাৰ সন্মুখত অলেখ সফলতাৰ গাঁথা আছে, কিন্তু আমি তাক স্বীকাৰ নকৰোঁ। কিয়?
(১৭) নিজৰ মিছনত সফলতা লাভ কৰাৰ কাৰণে
আপুনি লক্ষ্যৰ প্ৰতি একাগ্রচিত্তে নিষ্টারান হ'ব লাগিব।
(১৮) সপোনে বাস্তৱৰূপ পৰিগ্ৰহ কৰাৰ
আগতে আপুনি সপোন দেখি থাকিব লাগিব।
(১৯) অপেক্ষা কৰি থকা সকলে মাথোন
সেইখিনি লাভ কৰে, যত্ন
কৰা সকলে যিখিনি এৰি দিয়ে।
(২০) এখন ভাল গ্রন্থ হাজাৰ বন্ধুৰ সমান, য'ত এজন ভাল বন্ধু এখন লাইব্ৰেৰীৰ সমান।
(২১) জীৱনত আমাক বৰ্বাদ কৰিবলৈ কঠিনতা
নাহে, পক্ষান্তৰে ইয়ে
আমাৰ মাজত লুপ্ত হৈ থকা শক্তিক বাহিৰলৈ উলিয়াই অনাৰ কাৰণে সহায় কৰে। কঠিনতাক আপুনি
জানিবলৈ দিয়ক যে, আপুনি
তাতকৈও অধিক কঠিন। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম অসফলতা নামৰ বেমাৰক মাৰিবলৈ ভাল
ঔষধ, যিয়ে আপোনাক
এজন সফল ব্যক্তি হিচাপে গঢ়ি তোলে।
(২২) আপুনি নিজৰ ভৱিষ্যত পৰিৱৰ্ত্তন
কৰিব নোৱাৰে, কিন্তু
স্বভাৱ পৰিৱৰ্ত্তন কৰিব পাৰে আৰু নিশ্চিতভাবে আপোনাৰ স্বভাৱে আপোনাৰ ভবিষ্যত
পৰিৱৰ্ত্তন কৰিব পাৰে।
(২৩) দেশৰ আটাইতকৈ ভাল মস্তিষ্ক
শ্ৰেণীকোঠাৰ পিছৰ বেঞ্চত পাব পাৰে ।
(২৪) আপুনি নিজৰ কৰ্মক ভাল পাওঁক
আপোনাৰ সহকৰ্মীক নহয়, কিয়নো
আপোনাৰ সহকৰ্মীয়ে ভাল পাবলৈ বন্ধ কৰিব পাৰে।
(২৫) নিজৰ প্ৰথম সফলতাৰ পাছত বিশ্রাম
নকৰিব, কিয়নো আপুনি
যদি দ্বিতীয়বাৰ অসফল হয় তেনেহ'লেবহুতো
ওঁঠ ইয়াকে ক'বলৈ
অপেক্ষা কৰি আছে যে আপোনাৰ প্ৰথম সফলতা মাথোন এক সংযোগহে আছিল।
(২৬) কাৰোবাক পৰাজয় কৰা অতি সহজ, কিন্তু জয় কৰা সহজ নহয়।
(২৭) যদি আপুনি আপোনাৰ কৰ্ত্তব্যক
ছেল্যুট কবে তেনেহ'লে কোনো
ব্যক্তিক ছেল্যুট কৰাৰ প্ৰয়োজন নহ'ব, কিন্তু যদি আপুনি নিজৰ কৰ্ত্তব্যক
ছেল্যুট নকৰে তেনেহ'লে
আপুনি সকলোকে ছেল্যুট কৰিব লাগিব।
(২৯) যদি আপোনাৰ হস্তাক্ষৰ আৰু অট'গ্ৰাফ পৰিৱৰ্ত্তন হয় সেয়া সফলতাৰ
লক্ষণ ।
(৩০) সফলতাৰ কাহিনী নপঢ়িবা, তাৰপৰা মাথোন বার্তা পাবা, অসফলতাৰ কাহিনী পঢ়িবা তাৰপৰা সফল
হোৱাৰ কাৰণে আইডিয়া (ধাৰণা) পাবা।
(৩১) ক'লা বৰণ ভাৱনাত্মক ৰূপত বেয়া, কিন্তু ক'লা
ব্লেকবোর্ডে জীৱন উজ্জল কৰে।
(৩২) মই এজন ‘হেণ্ডচাম' মানুহ নহয়, কিন্তু মোৰ হেও এনে এজন প্রয়োজনীয়
ব্যক্তিক দিব পাৰো, যাৰ
সহায়ৰ আৱশ্যক। (৩৩) এজন মূর্খ ‘জিনিয়াচ' হ'ব পাৰে যদি সি জানে যে সি মূর্খ; কিন্তু এজন জিনিয়াচ মূর্খ হ'ব পাবে যদি সি জানে যে সি জিনিয়াচ। (৩৪) বৰষুণৰ সময়ত সকলো চৰায়ে
আশ্ৰয়ৰ সন্ধান কৰে; কিন্তু
বাজপাখীয়ে মেঘৰ ওপৰত উৰি বৰষুণকে এভয়েড (বাতিল) কৰে। সমস্যা 'কমন'; কিন্তু আপোনাৰ এটিচ্যুডে (দৃষ্টিভংগীয়ে)
বিভিন্নতা সৃষ্টি কৰে।
(৩৫) কেতিয়াবা কেতিয়াবা বন্ধুৰ লগত
গাজা মাৰি স্ফূৰ্তি কৰা ভাল, কিয়নো
যেতিয়া মই পাছলৈ উভতি চাওঁ, তেতিয়া
সেইবোৰে মাথোন আমোদে নিদিয়ে পক্ষান্তৰে ভাল সোঁৱৰণো দিয়ে।
(৩৬) প্রশ্ন সোধাটো বিদ্যাৰ্থীৰ সকলো
বিশেষতাৰ মাজত এটা। সেয়ে ছাত্ৰসকলে প্রশ্ন সোধা উচিত।
(৩৭) মোৰ কাৰণে নাকাৰাত্মক অনুভৱ বোলা
কোনো বস্তু নাই।
(৩৮) জীৱন আৰু সময় বিশ্বৰ দুটা ভাল
অধ্যাপক। জীৱনে আমাক সঠিক উপভোগ কৰিবলৈ শিকায়, য'ত
সময়ে আমাক জীৱনৰ উপযোগিতাৰ কথা শিকায়।
(৩৯) যেতিয়া আমি দৈনন্দিন সমস্যাৰে
আগুৰি থাকো তেতিয়া আমি সেইবোৰ ভাল বস্তুৰ কথা পাহৰি যাওঁ, যিবোৰ আমাৰ মাজত আছে।
(৪০) যিজনে আধাডুখৰীয়া মনেৰে কোনো কাম
কৰে, সি আধাডুখৰীয়া
ফোঁফলা সফলতা লাভ কৰে, যিয়ে
চৌদিশ কঠিনতাৰে উপচাই দিয়ে।
(৪১) আমি যত্ন ত্যাগ আৰু সমস্যাৰ ওচৰত
পৰাজয় স্বীকাৰ কৰা উচিত নহয় ।
(৪২) মোৰ বাৰ্তা একমাত্ৰ যুৱকসকলৰ
কাৰণে তেওঁলোকৰ মাজত বিকল্প চিন্তা কৰাৰ সাহস, নতুন বাটত খোজ কঢ়াৰ সাহস, আৱিষ্কাৰ কৰাৰ কাৰণে সাহস থকা উচিত। তেওঁলোকে সমস্যাৰ লগত যুঁজ আৰু
তাক জয় কৰা উচিত। এই আটাইবিলাক মহান গুণ। যুৱকসকলে এইবোৰ নিজৰ কৰি লোৱা উচিত।
ৰাতিপুৱা সদায় পাঁচটা কথা ক'বা-
(১) মই আটাইতকৈ ভাল।
(২) মই এয়া কৰিব পাৰো।
(৩) ঈশ্বৰ সদায় মোৰ লগত আছে।
(৪) মই এজন বিজেতা।
(৫) আজিৰ দিনটো মোৰ দিন ।
(৪৩) আমি আটায়ে ভগবানৰ পুত্ৰ, সেই কাৰণে আমি সকলো বস্তুতকৈ ডাঙৰ, যি আমাৰ মাজত হ'ব পাৰে।
(৪৪) জীৱন এক খেল। আপুনি এই জন্মসিদ্ধ
অধিকাৰক মাথোন এজন ব্যক্তি হিচাপে জয় কৰিব পাৰে।
(৪৫) যিসকল মানুহ উচ্চ আৰু দায়িত্বশীল
পদবীত নিয়োজিত তেওঁলোক যদি ধৰ্মৰ বিৰুদ্ধে যায় তেনেহ'লে ধৰ্ম এক বিধ্বংসী ৰূপলৈ ৰূপান্তৰ হ'ব।
(৪৬) আমি এখন ৰাষ্ট্ৰ হিচাপে বিদেশী
বস্তুৰ প্ৰতি ভালপোৱা কিয়? এয়া
আমি উপনিবেশিক যুগৰপৰা উত্তৰাধিকাৰ সুত্ৰে পোৱা নেকি? আমি বিদেশী টি, ভি, কিনিব বিচাৰো, আমি
বিদেশী চোলা পিন্ধিব বিচাৰো, আমি
বিদেশী প্রযুক্তি কিনিব বিচাৰো,
সকলো উদ্ধৃতিত এনে কৰাটো এয়া কেনে বহুৱালি !
(৪৭) বিশ্বৰ জনসংখ্যাৰ প্ৰায় অৰ্দ্ধেক
মানুহ গ্রামাঞ্চলত আৰু আটাইতকৈ দুখীয়া অৱস্থাত আছে। মানৱৰ বিকাশত এই ধৰণৰ
অসমানতাই বিশ্বত অশান্তি আৰু হিংসাৰ প্ৰাথমিক কাৰণৰ মাজত এটা ।
(৪৮) ভাৰতৰ নিজৰ ছাঁৰ প্ৰয়োজন। আৰু
আমাৰ ওচৰত স্বয়ং বিকাশৰ প্ৰতিৰূপ থকা উচিত।
(৪৯) আমি কোটী কোটী মানুহৰ দেশ হিচাপে
চিন্তা আৰু কাৰ্য কৰা উচিত লাখ লাখ মানুহৰ দেশ হিচাপে নহয়। সপোন সপোন !! সপোন!!!
(৫০) আমি যুৱকসকলক চাকৰি প্ৰত্যাশীতকৈ
চাকৰি দিওঁতা হিচাপে গঢ়ি তুলিব লাগিব।
(৬১) সকলো ৰাষ্ট্ৰই চীনৰপৰা এই শিক্ষা
ল'ব পাৰে যে, আমি গ্রামীণ স্তৰত ভাল উদ্যোগ, ভাল গুণ বিশিষ্ট স্বাস্থ্য সেৱা আৰু শৈক্ষিক
সুবিধা নিৰ্মাণৰ ওপৰত অধিক ধ্যান কেন্দ্ৰিত কৰা উচিত।
(৫২) মোৰ মত এয়ে যে যুৱাস্থাত আমি
অধিক আশাবাদী আৰু কল্পনাশীল আৰু বেলেগৰ দ্বাৰা কম প্রভাবিত হওঁ।
(৫৩) আইনে কিমান সঠিকভাবে অপৰাধ
নির্মূল কৰিব পাৰে? অধিক
ত্বৰান্বিতভাবে কার্য কৰা তন্ত্ৰ হোৱা উচিত। নিয়ম এনেকুৱা হোৱা উচিত যে, কৰায়ত্ত কৰা আৰু শাস্তি প্ৰদান কৰা ।
(৫৪) ভাৰতক এখন প্ৰমূল্য প্ৰধান
ৰাষ্ট্ৰৰ লগতে এখন বিকশিত ৰাষ্ট্ৰ,
এখন সমৃদ্ধ ৰাষ্ট্ৰ আৰু এখন স্বাস্থ্যৱান ৰাষ্ট্ৰলৈ পৰিৱৰ্ত্তন কৰিব
লাগিব।
(৫৫) উত্তৰপুৰুষে আমাক তেয়াই স্মৰণ
কৰিব যেতিয়া আমি আমাৰ যুৱপ্ৰজন্মক এখন সমৃদ্ধ আৰু সুৰক্ষিত ভাৰত দিব পাৰিম। যি
সাংস্কৃতিক উত্তৰাধিকাৰৰ লগতে আর্থিক পৰিণাম স্বৰূপ প্ৰাপ্ত হ'ব।
(৫৬) আমি কেতিয়াও কোনো এখন দেশৰ
বিৰুদ্ধে আক্ৰমণ কৰা নাই, আমি
কোনো দেশৰ মাটি দখল কৰা নাই। নিজৰ সংস্কৃতি, নিজৰ ইতিহাস আৰু নিজৰ জীৱনশৈলী তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিবলৈ চেষ্টা
কৰা নাই।
(৬৭) যদি কোনো এখন দেশ হাথিয়াযুক্ত
দেশেৰে আগুৰা থাকে, তেতিয়া
তেওঁলোকো হাথিয়াযুক্ত হ'ব
লাগিব।
(৬৮) শিক্ষাবিদসকলে ছাত্ৰৰ মাজত লুকাই
থকা ক'লাত্মকতা, জনাব ভাৱনা আৰু নৈতিক নেতৃত্বৰ ক্ষমতা
নিৰ্মাণ কৰি সিহঁতৰ আদৰ্শ হোৱা উচিত।
(৬৯) যুদ্ধ কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে।
যুৱকসকলৰ
কাৰণে বাৰ্তা-
(ক) জীৱনত লক্ষ্য নির্ণয় কৰা।
(খ) জ্ঞান প্রাপ্ত কৰা ৷
(গ) কঠোৰ পৰিশ্ৰম কৰা।
(ঘ) নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় হোৱা।
ড০ কালামৰ তিনিটা উৎকৃষ্ট উত্তৰ-
(১) সফলতাৰ ৰহস্য কি?-
সঠিক নির্ণয়।
(২) আপুনি সঠিক নির্ণয় কেনেকৈ লয় ?-
অনুভৱৰ পৰা
(৩) ভুল অনুভৱ কেনেকৈ প্রাপ্ত হয় ?-
ভুল নিৰ্ণয়ৰ পৰা।
Books of
Dr. Abdul Kalam
1 India 2020: Vision for the new
Millennium (Co-Authored with Yagnasmi Sundar Rajan- 1998)
2. Wings of fire: Autobiography
3.Ignited Mind: Unleashing power
within India (2002)
4. The Luminous sparks (2004)
5. Inspiring thought (2007)
6. You are born to Blossom, Take my
Journey Beyond (Co-Authored with Arun Tiwari)
7. Turning point: A Journey through challenges
(2012)
8. A Manifesto for change: A sequel
to India 2020
(Co-Authored with V. Punraj (2014)
9. Transcendence: My spritual
experiences with Pramukh Swamiji (Co-Authored with Arun Tiwar (2015)
Books On Dr. Abdul Kalam
1. Enternal Quest: Life and Times of
Dr. Kalam by S. Chandra- 2002.
২. A.P.J. Abdul kalam by RK. Pruthi 2002
৩. The Kalam Effect: My years
with President by P.M.
Nair-2008
4. My days with Mahatma
AbdulKalam by Fr A.K.
George-2009
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন