প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত মুছলমানৰ ইতিবৃত্ত।
প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত
মুছলমানৰ ইতিবৃত্ত।
সূচীপত্র
প্ৰাগজ্যোতিষ -কামৰূপৰ ভূমিত ধাৰাবাহিক প্ৰব্ৰজন
বিভিন্ন গ্ৰন্থ
আৰু পৰিব্ৰাজকৰ বৰ্ণনাত প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্য
বিভিন্ন ৰজাৰ অধীনত
প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্য
মুছলমানসকলৰ আগমন
আৰু কমতাৰাজ্যৰ উত্থান
প্ৰাগজ্যোতিষ-কামৰূপৰ
অধিবাসীসকল
ধর্মীয় বিশ্বাস
প্রাক্ব্রিটিচ শাসন কালত হিন্দু-মুছলমান সম্পর্ক
ব্রিটিচ শাসন কালত মুছলমানৰ অৰ্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কাৰণ
আন্তঃপ্ৰব্ৰজনৰ অন্যান্য কাৰণ
অসমীয়া
ভাষা আৰু প্ৰাগজ্যোতিষপুৰীয়া বাংলাভাষী মুছলমান
ভাৰতবৰ্ষত
সাম্প্রদায়িকতাৰ উৎস আৰু ইয়াৰ স্বৰূপ
স্বতন্ত্ৰতাবোধ
আৰু সাম্প্ৰদায়িকতা
হিন্দু-মুছলমানৰ
প্ৰতিযোগিতামূলক সংগঠন আৰু হিন্দু সংগঠনসমূহৰ মুছলমানৰ প্ৰতি মনোভাৱ
প্ৰাক্স্বাধীনতা আৰু
স্বাধীনোত্তৰ কালত হিন্দু-মুছলমান সম্পর্ক
অসমত সাম্প্রদায়িক সংঘর্ষ
সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ
দৰে ঘটনাও ঘটিছে বাংলাদেশীৰ নামত
বিভিন্ন কিতাপৰ
পাতত লিপিৱদ্ধ হোৱা কিছুমান প্ৰৰোচনামূলক মন্তব্য
অসম চুক্তি, গণ পৰিষদ চৰকাৰ আৰু খিলঞ্জীয়াৰ সংজ্ঞা
প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিত ধাৰাবাহিক প্ৰব্ৰজন
মানুহে বহু কথাতে চৈধ্য পুৰুষৰ
কথা কয়। কিন্তু প্ৰাগজ্যোতিষপুৰীয়া মূলৰ ধৰ্মান্তৰিত বাংলাভাষী মুছলমানৰ বহুতৰে
তিনি পুৰুষৰ খবৰে নাই। শিল্প-সাহিত্য সম্পর্কে এওঁলোকৰ ধাৰণা খুবেই পুতৌজনক।
ৰাজনৈতিক, শৈক্ষিক আৰু অৰ্থনৈতিক ভাবেও বহু পিছপৰা।
নিজৰ জাতীয় ইতিহাস সম্পর্কেও
সচেতন নহয়। ফলত এই জাতি-গোষ্ঠীৰ বহুতে নিজক আৰব, ইৰাণ,
ইৰাক আদিৰপৰা প্ৰব্ৰজিত বুলি ভাবে। বহুতে আকৌ নিজক বাদচাহৰ বংশধৰ
বুলিও গৌৰৱ কৰে। প্ৰকৃতাৰ্থত এওঁলোক বাদচাহৰ বংশধৰতো নহয়ে, আৰব,
ইৰাণ, ইৰাকৰপৰা প্রব্রজিতও নহয়। এওঁলোক
বহুকাল আগৰে পৰা প্ৰাগজ্যোতিষ-কামৰূপৰ ভূখণ্ডত বসবাস কৰি আছে আৰু প্ৰকৃতাৰ্থত ক’বলৈ গ'লে এওঁলোক এই ভূখণ্ডৰ আদিম অধিবাসী।
এওঁলোক মূলতঃ বাংলাভাষী। শিশুসকলে ঘৰখনত প্ৰথমতে বাংলা
মাত-কথাই শিকে। প্রয়োজনৰ খাতিৰত এওঁলোকে অসমীয়াকে আদি কৰি বিভিন্ন ভাষা ব্যৱহাৰ
কৰিলেও সমগোত্রীয় লোকৰ লগত সদায় বাংলা ভাষাতে কথা পাতে। গতিকে এওঁলোকৰ অতীত
ইতিহাস সম্পর্কে জানিবলৈ হ'লে
বাঙালী জাতিৰ ইতিহাস সম্পর্কে আলোচনা কৰাটো প্ৰাসংগিক হ’ব।
অষ্ট্রিক, নেগ্রেটো
(নেগ্রেটোসকল চেমেটিক আৰু ইউৰোপীয়ান জাতিগোষ্ঠীৰ সংমিশ্ৰণত গঢ়লৈ উঠা
জাতি-গোষ্ঠী), দ্ৰাবিড় আৰু কিছু পৰিমাণে আর্য জাতিৰ
সংমিশ্ৰণত বাঙালী জাতিৰ উৎপত্তি বুলি নৃতত্ত্ববিদসকলে মতপোষণ কৰিছে। সুনীতি কুমাৰ
চট্টোপাধ্যায়ে ‘বাংলাৰ সংস্কৃতি’ নামৰ
গ্ৰন্থত উল্লেখ কৰিছে যে, ‘এতিয়াৰপৰা পাঁচ ছয় হাজাৰ বছৰ
আগতে বংগদেশত অষ্ট্ৰিক আৰু দ্ৰাবিড় জনগোষ্ঠীৰ লোক বাস কৰিছিল। সমগ্র বংগদেশ
ব্যাপী এইসকল লোক বিয়পি আছিল। দেশত তেতিয়াও আর্যভাষা প্ৰচলন হোৱা নাছিল।
প্রাগৈতিহাসিক যুগত বংগৰ অধিবাসীসকল কেনেকুৱা আছিল এই সম্পৰ্কে ধাৰণা কৰা সম্ভৱ
নহয় যদিও এইটো অনুমান কৰিবলৈ অসুবিধা নহয় যে, যি যুগৰ ইতিহাস
পোৱা নাযায় সেই প্রাগৈতিহাসিক যুগত বংগত আধুনিক বংগৰ পূৰ্ব পুৰুষসকলেই বসবাস
কৰিছিল।
ভাষাতত্ত্বৰপৰা এইটো বুজিবপৰা যায় যে, বংগদেশলৈ আৰ্যসকল প্ৰব্ৰজন কৰি অহাৰ আগৰে
পৰা এই দেশৰ মানুহে কোল বা অষ্ট্রিক জাতীয় ভাষা আৰু কিছু পৰিমাণে দ্রাবিড় ভাষা
ব্যৱহাৰ কৰিছিল। পাঁচটা জাতি আৰু পাঁচটা ভাষাৰ সংমিশ্ৰণত উত্তৰ ভাৰতৰ জাতি-গোষ্ঠীৰ
উদ্ভৱ হৈছে বুলি ধাৰণা কৰিবপৰা যায়। এই জাতি পাঁচটা হৈছে- (১) নেগ্রেটো (২)
অষ্ট্রিক (৩) দ্রাবিড় (৪)আৰ্য আৰু (৫) Chino Tibetan or Tibeto Chinese অর্থাৎ ভোটচীন। আদিম কালত আজিৰপৰা পাঁচ ছয় হাজাৰ বছৰ আগত মানুহে যেতিয়া
মসৃণ প্ৰস্তৰৰ অস্ত্র-শস্ত্ৰ ব্যৱহাৰ কৰিছিল তেতিয়া সমুদ্র তীৰবৰ্ত্তী স্থানসমূহত
ক্ষুদ্রকায়, কৃষ্ণবর্ণ, ঊৰ্ণাৱত কেশৰ
নিগ্রো সম্পৃক্ত নেগ্ৰেটো বা নেগ্রেবটু জাতিৰ মানুহ বসবাস কৰিছিল। চিকাৰ লব্ধ মঙহ,
গছৰ শিপা আৰু মাছ এওঁলোকৰ খাদ্য আছিল। এওঁলোকে কৃষি কর্ম নাজানিছিল আৰু এওঁলোকৰ সভ্যতাৰ
কোনো নাম গোন্ধ নাছিল।
নেগ্ৰেটোসকলৰ পাছত অষ্ট্ৰিকসকলৰ ভাৰতলৈ আগমন হয়।
প্রথমাৱস্থাত অষ্ট্ৰিকসকল উত্তৰ ইন্দোচীনৰপৰা ভাৰতলৈ আহিছিল বুলি অনুমান কৰা হৈছিল
যদিও সম্প্ৰতি তেওঁলোকৰ পূৰ্বপুৰুষ উত্তৰ-পশ্চিমৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল বুলি
ইতিহাসবিদসকলে মতপোষণ কৰিছে। ভাৰতবৰ্ষৰপৰাই তেওঁলোক লংকাদ্বীপ, দক্ষিণ পূর্ব এচিয়াৰ মালয় উপদ্বীপ আৰু
দ্বীপময় ভাৰতত বিয়পি পৰিছিল। ভাৰতবৰ্ষত তেওঁলোক খুব সম্ভৱ আদিম নেগ্ৰেটো জাতিৰ
লগত মিলিত হয় আৰু তেওঁলোকৰ লগত তেজৰ সংমিশ্রণ ঘটে। এই মিশ্রণৰ ফলত কোল, মুণ্ডা জাতিৰ উদ্ভৱ হয়। কোনো কোনো ঠাইত আকৌ এই মিশ্ৰণ প্ৰায় হোৱাই
নাছিল। যেনে- খাচীয়াসকল।
অষ্ট্রিকসকল মূলতঃ কৃষিজীৱী আছিল। অষ্ট্ৰিক জাতিৰ লগত
সংমিশ্ৰণৰ ফলত নেগ্ৰেটোসকলো কৃষিজীৱী হৈ পৰে আৰু ফলত এটা সময়ত উত্তৰ ভাৰত আৰু
বংগদেশত তেওঁলোকৰ ভাষাৰ নিদৰ্শন আৰু বিশুদ্ধ নেগ্ৰেটো অস্তিত্ব নাইকীয়া হৈ পৰে।
সাম্প্ৰতিক কালত উত্তৰ ভাৰত আৰু বংগদেশৰ নিম্নশ্রেণী লোকৰ মাজতহে কিছু পৰিমাণে
নেগ্ৰেটো চেহেৰাৰ আমেজ দেখিবলৈ পোৱা যায়। অষ্ট্ৰিক প্ৰজাতিৰ লোক চুটি-চাপৰ, ক্ষীণ আছিল। চুলিবোৰ কেঁকোৰা আছিল। বৰণ ক’লা আৰু তাম বৰণীয়া আছিল। মূৰবোৰ দীঘল, নাক চেপেটা
আৰু বহল আছিল। মুখবোৰ সৰু আৰু ঠেক আছিল। দাঢ়ি-গোঁফ ঘন আৰু শৰীৰত নোমৰ মাত্ৰা অধিক
আছিল। সাধাৰণতে পাহাৰৰ নামনি অঞ্চলত এওঁলোকৰ বাসস্থান আছিল। বর্তমান এনেকুৱা আকাৰৰ
আদিম মানুহ পাবলৈ নাই। অসমৰ কেতবোৰ জনজাতি চাওঁতাল, কুকি,
মণিপুৰী,খাচীয়া আৰু অৰুণাচলৰ ৱাংচু নামৰ
জনজাতিৰ লগতহে অষ্ট্ৰিক প্ৰজাতিৰ কিছু সাদৃশ্য থকা পৰিলক্ষিত হয়।
ইয়াৰ পাছত আহে দ্রাবিড়সকল। ‘ইচলামিক ইতিহাস’ অনুসৰি
দ্ৰাবিড়সকল নূহ (আঃ)ৰ সপ্তম অধঃস্তন পুৰুষ আবুফীৰ বংশধৰ। দ্ৰাবিড়সকলৰ আদিম পুৰুষ
সাত হাজাৰ বছৰ আগত চুমেৰীয় সভ্যতাৰ অধিবাসী আছিল। এওঁলোকে দুই হাজাৰ বছৰ
প্ৰাকৃতিক পৰিৱেশৰ মাজত জীৱন যাপন কৰিছিল আৰু গছৰ ফল-মূল, কেঁচা
মাংস এওঁলোকৰ খাদ্য আছিল। পশু আৰু মৎস্য চিকাৰ এওঁলোকৰ জীৱিকাৰ মাধ্যম আছিল ৷
খ্রীষ্টপূর্ব তিনি হাজাৰ বছৰ আগত এওঁলোক ভাৰতলৈ আহে আৰু অষ্ট্ৰিক জাতিৰ লগত
সংমিশ্ৰণ হৈ কৃষিভিত্তিক সভ্যতাৰ অংশীদাৰ হৈ পৰে। পুণ্ড্ৰবৰ্দ্ধন নামৰ ঠাইত প্রথমে
বীজৰোপন আৰু ফচল উৎপাদন হৈছিল বুলি ইচলামিক ইতিহাসৰ বৰ্ণণাৰ পৰা জনা জনা যায়।
পুণ্ড্ৰবৰ্দ্ধন উত্তৰ বংগৰ প্ৰাচীন ভূমি আৰু বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত আছিল ।
পুণ্ড্ৰবৰ্দ্ধনত পুণ্ড্ৰ জাতিৰ লোকসকলৰ বাসস্থান আছিল। পুণ্ড্ৰ জাতিৰ বিষয়ে বৈদিক
সাহিত্য আৰু মহাকাব্যত উল্লেখ আছে। মহাভাৰতৰ দিগ্বিজয় অধ্যায়ত কোৱা হৈছে যে,
মাংগৰ বা মুদগিৰিৰ পূৱফালে আৰু কুশীনদীৰ পাৰত পুণ্ড্ৰ জাতিৰ মানুহে
বসবাস কৰিছিল। গুপ্তযুগৰ উৎকৰ্ণ লিপি আৰু চীনা পৰিব্ৰাজকৰ লেখনিৰ লগত এই তথ্যৰ
সাদৃশ্য আছে। খ্ৰীষ্টপূর্ব ১৫০০ ত পুণ্ড্ৰবৰ্দ্ধনৰ একাংশ ভূমিকলৈ ৰাজনৈতিক কাৰণত
পৃথক প্ৰাগজ্যোতিষ ৰাজ্য সৃষ্টি হয়।
পোদ, অষ্ট্ৰিক,
কিৰাত, দামিল, ডোম,
কোল, মুণ্ডা আৰু কেওঁট-কৈৱৰ্ত্তসকল
পুণ্ড্ৰবৰ্দ্ধনৰ আদিম অধিবাসী আছিল। এওঁলোকৰ কিছুমান সামাজিক আৰু ধৰ্মীয় বৈশিষ্ট
আছিল৷ এওঁলোকে জন্মান্তৰত বিশ্বাস কৰিছিল। বৈদিক হোম আৰু যাগযজ্ঞ বিৰোধী পূজা
পদ্ধতিত বিশ্বাসী আছিল। শিৱ, বিষ্ণু প্রভৃতি দেৱ-দেৱীৰ
আৰাধনা কৰিছিল। এওঁলোকৰ এই ধৰ্মীয় আৰাধনা পদ্ধতি চুমেৰীয় মানুহৰো আৰাধনা পদ্ধতি আছিল।
চুমেৰীয়সকলৰ পূজা পদ্ধতি ইতিমধ্যে খনন কাৰ্যৰ দ্বাৰা ভূ-তত্ত্ববিদসকলে উদ্ধাৰ
কৰিছে। এইসমূহ তথ্যই ইচলামিক ইতিহাসৰ সত্যতাকে প্রতিপন্ন কৰে।
খ্ৰীষ্টপূর্ব ১৫০০ ত উত্তৰ-পশ্চিম ফালৰপৰা আৰ্যসকলৰ আগমন হয়
আৰু আৰ্যসকলৰ আগমনৰ পাছত অষ্ট্রিক, দ্রাবিড় আৰু আৰ্যজাতিৰ সংমিশ্ৰণত উত্তৰ ভাৰতৰ জাতিসমূহ গঢ়লৈ উঠে। বৰুণ
কুমাৰ চক্ৰৱৰ্ত্তী আৰু দিব্যজ্যোতি মজুমদাৰ সম্পাদিত ‘বাংলাৰ
লোক-সংস্কৃতি' নামৰ গ্ৰন্থত উল্লেখ আছে- ‘ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত মানৱ জাতিৰ পাঁচটা শাখা- নেগ্ৰেটো, আদি-অস্ত্ৰাল, ভূমধ্য সাগৰীয় মংগোলয়েড আৰু
নৰ্ডিকসকল আহি যথাক্রমে বসতি স্থাপন কৰিছিল। এওঁলোকৰ ভিতৰত আর্যজাতি ও আৰ্য
প্ৰভাৱিত জাতিৰ বাহিৰে সকলো জাতিয়ে উপজাতিৰ অন্তৰ্গত বুলি নৃতাত্ত্বিক সকলে
মতপোষণ কৰিছে। কিন্তু এই ধাৰণা সঠিক নহয়৷ কাৰণ নৃতত্ত্ব বিজ্ঞান আৰ্য জাতিৰ
সৃষ্টি কাৰণে আৰ্যসকলৰ বাহিৰে আন সকলো জাতিক আৰ্যসকলে উপজাতিৰ সংজ্ঞাভূক্ত কৰিছে।
কিন্তু দ্ৰাবিড়সকলক উপজাতি বুলিব নোৱাৰি। কাৰণ তেওঁলোকৰ নিজস্ব সভ্যতা, সংস্কৃতি আৰু ভাষা আছিল। ভাৰতীয় আর্যভাষীসকলে সভ্যতাৰ বহুবিধ উপাদান
দ্রাবিড়সকলৰপৰা ধাৰ কৰিছে। এই কথাৰ সত্যতা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এইবোৰলৈ
লক্ষ্য কৰি দ্ৰাবিড়সকল উপজাতি নহয় বুলি দৃঢ়তাৰে ক’ব পৰা যায়।
অৱশ্যে ভাৰতবৰ্ষত আৰ্য বিজয়ৰ পাছত দ্ৰাবিড় জাতিৰ মাজত কৃষ্টিগত অৱনতিৰ লক্ষণে
দেখা দিছিল আৰু আৰ্যসভ্যতাৰ ক্ৰম প্ৰকাশমান দীপ্তিৰ সন্মুখত নিজৰ অৱনতি প্ৰতিৰোধ
কৰা দ্রাবিড়সকলৰ দ্বাৰা কোনো কালেই সম্ভৱ হোৱা নাছিল। তথাপি অৱনতিৰ মাজেৰে অগ্ৰসৰ
হওঁতে তেওঁলোকৰ বহুতেই উত্তৰণৰ বাট বিচাৰি পাইছিল আৰু ইতিহাসৰ পাতত নিজৰ ইতিহাস
লিপিবদ্ধ কৰি ৰাখিছিল। সেইবোৰ তথ্যৰপৰা দ্রাবিড়সকলৰ বিষয়ে গৌৰৱজনক ঐতিহাসিক সঠিক
তথ্য জানিবপৰা যায়।
মিখাইল নেস্তুৰ্খে ‘মানৱ জাতি, প্ৰজাতি, প্ৰগতি’
নামৰ গ্ৰন্থত উল্লেখ কৰিছে-‘ভাৰত আৰু
শ্ৰীলংকাসহ দক্ষিণ এচীয় অঞ্চলতো নিগ্রোয়েড, ইউৰোপীয়েড
জাতিৰ ৰূপ দৃষ্ট হয়। গাঢ় বাদামী গাৰ বৰণ, তৰংগায়িত পাতল
চুলি, মধ্যম পৰ্যায়ৰ গাত্ৰ নোম, আংশিক
এঢলীয়া প্ৰশস্ত কপাল, প্রকট ভ্ৰূৰ্খো আৰু গভীৰ অক্ষিকোটৰ,
স্বাভাৱিক আকাৰৰ বা প্রশস্ততৰ বাদামী চকু, ভাঁজহীন
উর্ধ অক্ষিপুট, সৰু নাসাযোজক, সৰল বা
ঈষৎ উত্তল চাপৰ মুখমণ্ডল, মধ্যম উত্থিত ও ঈষৎ অভিক্ষিপ্ত
গণ্ডাস্থি, উন্নত দীৰ্ঘ মূৰ, অপেক্ষাকৃত
দীৰ্ঘতৰ দেহ ও স্বাভাৱিক গঠনত স্পষ্টমধ্যাংগিতা বা দীর্ঘাংগিতা আদি সাদৃশ্যতা
নিগ্রোয়েড, দ্ৰাবিড় আৰু অনুৰূপ নৃজাতিসমূহৰ মাজত পৰিলক্ষিত
হয়।’ জাতি চৰিত্ৰৰ এইসমূহ সাদৃশ্যতালৈ লক্ষ্য কৰি কোনো কোনো
ভাৰতীয় বৰ্গ পূৰ্ব নিগ্রোয়েড, অস্ট্রালয়েড এনেকি
অষ্ট্ৰলীয় আদিবাসীৰ সমীপৱৰ্ত্তী বুলিও তেওঁগ্ৰন্থখনত উল্লেখ কৰিছে।
তেওঁ উক্ত গ্ৰন্থখনতে চকু, চুলি, গাৰ বৰণ আদিৰ ওপৰত ভিত্তি কৰি
পৃথিবীৰ মানৱ জাতিক তিনিটা মহা জাতিত বিভক্ত কৰিছে- (১) নিগ্রোয়েড (২) ইউৰোপীয়েড
আৰু (৩) মংগোলয়েড। এইবোৰ লক্ষণৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ শতকৰা ৭০ জন মানুহ
দ্রাবিড় গোষ্ঠীৰ অন্তৰ্গত বুলিও তেওঁ উল্লেখ কৰিছে।
আৰ্যসকলৰ পাছত ৩২৩ খ্রীষ্টপূর্বত আহে গ্ৰীকসকল। গ্ৰীকসকলৰ
পাছত ১৯০ খ্রীষ্টপূর্বত আহে শক, স্কিথিয়ানসকল।
শকসকলৰ পাছত আহে পল্লৱসকল। পল্লৱসকল মূলতঃ পাৰস্যৰ অধিবাসী আছিল। পল্লৱসকলৰ পাছত
আহে য়ু-চি জাতিৰ কুশানসকল। ইয়াৰ পাছত আহে হুন আৰু গুৰ্জৰসকল। এওঁলোকৰ সৰহ
সংখ্যকেই পশ্চিম আৰু উত্তৰ-পশ্চিম ভাৰতত বসতি স্থাপন কৰিছিল।
ওপৰত উল্লিখিত জাতি-গোষ্ঠীৰ পাছত উত্তৰ-পূব ভাৰত অৰ্থাৎ
প্ৰাগজ্যোতিষপুৰৰ ভূমিলৈ আগমন ঘটে কছাৰীসকলৰ। কছাৰীসকল কেতিয়া প্ৰব্ৰজন কৰি
আহিছিল তাৰ কোনো ঐতিহাসিক প্রমাণ নাই যদিও ‘ডিমাচা কছাৰী বুৰঞ্জী’ত উল্লেখ থকা অনুসৰি তেওঁলোকে
১০৮৬ খ্ৰীষ্টাব্দত ডিমাপুৰত ৰাজ্য স্থাপন কৰিছিল বুলি জনা যায় আৰু এই ৰাজ্য ১৫৩৬
খ্ৰীষ্টাব্দলৈ অব্যাহত আছিল। উপেন্দ্ৰ চন্দ্ৰ গুহে কছাৰীসকল ১১৫০ খ্ৰীষ্টাব্দৰ
পৰাও প্ৰব্ৰজন কৰি আহিব পাৰে বুলি মতপোষণ কৰিছে। ‘কছাৰী
ৰাজ্যৰ উত্থান ও পতন’ নামৰ গ্ৰন্থত উল্লেখ আছে যে, দ্বাদশ শতাব্দীৰ আগলৈকে বড়ো ৰাজ্য স্থাপনৰ কোনো ঐতিহাসিক প্রমাণ পাবলৈ
নাই। আনহাতে শিলালিপি, তাম্রলিপি আদিৰ ঐতিহাসিক সমলসমূহৰ
প্ৰমাণৰ ভিত্তিত ব্ৰহ্মপুত্ৰ উপত্যকাত পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ বৰ্মণ,
শালস্তম্ভ, আৰু পাল বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিল
বুলি জনা যায়। বৰাক উপত্যকাতো একে সময় ছোৱাত বর্মণ সমতট আৰু পূৰ্ববংগৰ
চন্দ্ৰবংশীয় ৰজাসকলৰ ৰাজত্বৰ তথ্য উল্লেখ আছে। আঞ্চলিক শ্রীহট্ট ৰাজ্যলৈকে বৰ্মণ
সমতট আৰু শালস্তম্ভ বংশৰ ৰাজত্বৰ ধাৰাবাহিকতাও উল্লেখ থকা দেখা যায়। কিন্তু এই
কালছোৱাত ক’তো বড়ো ৰাজত্বৰ অস্তিত্ব থকাৰ তথ্য উল্লেখ থকা
দেখা নাযায়। সেয়ে পঞ্চম শতিকাৰপৰা দ্বাদশ শতিকালৈ প্ৰাগজ্যোতিষ-কামৰূপৰ ক’তো বড়ো ৰাজত্বৰ সম্ভাৱনা নাই বুলি ঐতিহাসিকসকলে মতপোষণ কৰিছে।
R.C. Muzumdar এ History of Ancient
Bengal নামৰ গ্ৰন্থত এই কথাৰে প্ৰতিপুষ্টি কৰিছে। তেওঁ লেখিছে যে,
বড়োসকল আহোমসকলতকৈ আগত প্ৰব্ৰজন কৰি অহাটো সঁচা যদিও আহোমসকলতকৈ
আগত অহাৰ অৰ্থ আটাইতকৈ পুৰণি হ’ব নোৱাৰে। পুৰণি তামৰ
ফলিসমূহত উল্লেখ থকা ম্লেচ্ছ ৰজাসকল বড়ো আছিল বুলি এডৱাৰ্ড গেইট চাহাবে অসম বুৰঞ্জীত
উল্লেখ কৰিছে যদিও ৰত্নপালৰ বৰগাঁও তামৰ ফলিত উল্লেখিত শালস্তম্ভ নামৰ ম্লেচ্ছসকলৰ
অধিপতিজনো সপ্তম শতিকাৰ আগত নাছিল বুলি ইতিহাসবিদসকলে মতপোষণ কৰিছে। গেইট চাহাবে
উত্তৰ বংগ, পূৰ্ববংগ তথা বৰাক উপত্যকাৰ পৰা ত্ৰিপুৰালৈকে
বড়োসকলে বসতি স্থাপন কৰিছিল বুলি উল্লেখ কৰিছে; কিন্তু
খ্ৰীষ্টীয় প্রথম শতিকাৰপৰা সপ্তম শতিকালৈ বৰ্মণ বংশৰ ৰজাসকলে কামৰূপত ৰাজত্ব
কৰাটোহে ঐতিহাসিক ভাবে প্রমাণিত। গেইট চাহাবে পুৰণি তামৰ ফলিত উল্লেখ কৰা ম্লেচ্ছ
ৰজাসকল দৰাচলতে বড়ো আছিল বুলি উল্লেখ কৰিছে যদিও ইয়াৰো কোনো ঐতিহাসিক প্রমাণ
নাই।
এণ্ডেল চাহাবে বড়োসকলক ভূমিপুত্ৰ বুলি উল্লেখ কৰিছে যদিও
বড়ো কছাৰীসকলৰ প্ৰবাদ অনুসৰি তেওঁলোক তিব্বত চীনৰপৰা প্ৰব্ৰজন কৰি আহিছে বুলি জনা
যায়। এই মত বিভিন্ন গৱেষকৰ দ্বাৰা স্বীকৃত। (উৎস-Social history of Boro's of Assam: Rabindra Musahary) ভবেন্দ্র
নাথ নাৰ্জাৰীয়ে অসম তথা পূর্ব ভাৰতত বসবাস কৰা বড়ো বা কছাৰীসকল চীনো তিব্বতী
মংগোলীয় গোষ্ঠীৰ লোক বুলি ঠাৱৰ কৰিছে। পণ্ডিতসকলৰ মতে খ্ৰীষ্টপূৰ্ব দুহেজাৰ বছৰ
আগত উত্তৰ-পশ্চিম চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ পাৰত এওঁলোকৰ আদি বাসস্থান
আছিল। কালক্ৰমত এওঁলোক দক্ষিণ-পূব এচিয়াত সিঁচৰতি হৈ পৰিছিল। এওঁলোকৰ এদল
দক্ষিণ-পূব এচিয়াৰ মাজেদি পোনে পোনে আহি তিব্বতত সোমাই প্রায় এহেজাৰ বছৰ কাল তাত
বসবাস কৰে আৰু তেওঁলোকে ভোট তিবোদ বা বোদ নাম পায়। সেই তিবোদ বা ভোট দেশৰপৰা
এওঁলোক ব্ৰহ্মপুত্ৰ, ইৰাৱতী, চিন্দুইন,
মেকং, মেনাম নদীৰ পাৰে পাৰে অথবা তিব্বত,
নেপাল, ভূটান আদিৰ লুঙলুঙীয়া পথেৰে আহি অসমৰ
পাটকাই পৰ্বত বগাই আৰু ব্ৰহ্মদেশৰ গিৰিপথসমূহেদি আহি অসমৰ উত্তৰ-পূব কোণেৰে অসমত প্রবেশ
কৰে। ক্রমান্বয়ে এওঁলোক পশ্চিমলৈ আগুৱাই গৈ পঞ্জাৱলৈকো বিস্তৃত হৈ পৰে। তেনেকৈয়ে
সমগ্র হিমালয়ৰ পাদদেশ এওঁলোকৰ বাসস্থানত পৰিণত হয়। কালক্ৰমত এওঁলোক অসমৰ পাহাৰ
ভৈয়ামত বিয়পি পৰে আৰু এওঁলোকে প্রাধান্য বিস্তাৰ কৰে। মংগোলীয়সকলৰ এই প্ৰব্ৰজনৰ
সোঁত খ্ৰীষ্টীয় সোতৰ শতিকালৈ অব্যাহত আছিল বুলি জনা যায়। এওঁলোকে অসমত সোমাই
প্রথমতে পাট-কাপোৰৰ ব্যৱসায় কৰিছিল আৰু নিজকে বড়ো বা বড়ো বুলি পৰিচয় দিছিল।
প্ৰব্ৰজিত বড়োসকলৰ গাৰ বৰণ হালধীয়া আৰু চুলি ক’লা, খহটা আৰু থিয়
আছিল। মুখ চেপেটা আৰু বহল আছিল। চকু সৰু আৰু পোত খোৱা, দাঢ়ি-গোঁফ
পাতল আৰু গালৰ হাড় ওখ আছিল। G.A Grierson এ Linguistic
Survey of India নামৰ গ্ৰন্থত বড়ো, ডিমাচা,
গাৰো, ৰাভা, কোঁচ,
চুটীয়া, ত্ৰিপুৰী. হোজাই, লালুং আৰু সোণোৱাল জাতিক তিব্বত চীন ভাষী জনগোষ্ঠীৰ লোক বুলি উল্লেখ কৰিছে।
চিডনি এণ্ডেল চাহাবে ৰাভা, মেচ, ধীমল,
কোঁচ, সলানিয়া, মহালীয়া,
ফুলগুৰীয়া, শৰণীয়া, ডিমাচা,
হোজাই, লালুং, গাৰো,
হাজং আদি লোক বৃহত্তৰ বড়ো জাতিৰ অন্তৰ্গত বুলি উল্লেখ কৰিছে। গেইট
চাহাবে কছাৰীৰ সৈতে কোঁচৰ নিকট সম্বন্ধ থকাৰ কথা উল্লেখ কৰাৰ লগতে চুটীয়া,
লালুং, মৰাণ আৰু দক্ষিণ ফালৰ পাহাৰৰ তিপ্পেৰা
জাতিৰ সৈতে কছাৰী ভাষাৰ সাদৃশ্য থকাৰ কথা উল্লেখ কৰিছে।
বড়োসকলৰ পাছত আহোমসকল প্ৰব্ৰজন কৰি আহে। পোন্ধৰ শতিকাত
সাগৰেদি জলপথ আৱিষ্কাৰ হোৱাৰ বহু আগতেই বৰ্তমানৰ উত্তৰ ভাৰতৰ মাজেৰে যোৱা পাট
কাপোৰ ৰপ্তানি কৰা পথেৰে (Silky Road) তাইসকলৰ চুকাফাই পূবৰপৰা তেতিয়াৰ সৌমাৰপীঠলৈ অগ্ৰসৰ হৈছিল বুলি ‘তাই-আহোমৰ ৰত্ন গৰ্ভ” নামৰ গ্ৰন্থত কিৰণ কুমাৰ
গগৈয়ে উল্লেখ কৰিছে। চাউলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি নগাসকলৰ লগত যুদ্ধত
লিপ্ত হ’ব লগা হয় আৰু উক্ত যুদ্ধত নগাসকলক পৰাস্ত কৰি
পাট-কাপোৰ ৰপ্তানি কৰা পথেৰে (বৰ্তমানৰ ষ্টিল ৱে’ল ৰোড)
বুঢ়ী দিহিং নৈ পাৰ হৈ দিখৌৰে উজাই আহি ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত প্ৰৱেশ কৰে
আৰু চৰাইদেউ (চ-ৰাই- ডয়) পাহাৰৰ নামনিত ৰাজধানী স্থাপন কৰে।
আহোমসকলৰ এই প্ৰব্ৰজনৰ ইতিহাস আৰম্ভ হৈছিল ১২১৫
খ্রীষ্টাব্দত। ১২১৫ খ্ৰীষ্টাব্দত চাউলুং চুকাফাই দক্ষিণ-পশ্চিম দিশত এখন নতুন
ৰাজ্য স্থাপনৰ সংকল্পেৰে চীনৰ য়ুনান প্রদেশৰ মাউলুং ৰাজ্য এৰি নামি আহিছিল।
চাউলুং চুকাফা সুদূৰ প্ৰাচ্যৰ টিনে কুঅৰ মুং-ফীৰ মুংৰি মুং ৰাম লৈ নামি অহা
স্বৰ্গৰাজ্যৰ পুত্ৰদ্বয় খুনলুং খুনলাইৰ ৰাজ পৰিয়ালৰ বংশধৰ আছিল। আহোম ভাষাত
মুং-ফীৰ মুংৰি মুং ৰামৰ অৰ্থ হ'ল স্বৰ্গৰাজ্য।
তেওঁ তাই ৰজা ফু-চাং- কাঙৰ তৃতীয় পুত্ৰ আছিল। ফু-চাঙ কাঙৰ আন এটা নাম আছিল
চাংনেউ। চুকাফা কোঁৱৰৰ মাকৰ নাম আছিল মুংব্লেক্ চেংখাম। চুকাফা মাউলুং ৰাজ্যৰ ৰাজধানী ছেন-ছে নগৰত মোমায়েক পামেউ-পাঙৰ ঘৰত ডাঙৰ-দীঘল হৈছিল।
পামেউপাঙৰ কোনো সন্তান-সন্ততি নাছিল। সেয়ে চুকাফাই মোমায়েকৰ মৃত্যুৰ পাছত মাউলুং
ৰাজ্যৰ ৰজা হোৱাৰ আশাত ১৯ বছৰ কাল মোমায়েকৰ লগত আছিল। কিন্তু চুকাফাৰ ১৯ বছৰ
বয়সত পামেউ-পাঙৰ ৰাণীয়ে এটি ল’ৰা
সন্তান জন্ম দিয়ে।
একেখন বনত দুটা বাঘ নাথাকে বুলি ভাবি চাউলুং চুকাফাই ১২১৫
খ্ৰীষ্টাব্দত দিগ্বিজয়ৰ পাতনি মেলে আৰু ১২২৮ খ্ৰীষ্টাব্দত তেওঁৰ সেই অভিযান সফল
হয়। তেওঁ প্ৰথমতে তাই ৰজাৰ দেশৰপৰা ৩০০০টা মটঙত ভাত ৰান্ধি খোৱা ৯০০০ জন সৈন্য
আৰু কেইটামান ৰাজ পৰিয়াল লগত লৈ আহিছিল। ১২১৫ চনৰপৰা ১২২৮ চনলৈ চলোৱা ৰাজ্য
প্রতিষ্ঠা অভিযানত তেওঁৰ লগত ক্রমান্বয়ে বহুতো ‘তাই’ মানুহে যোগদান কৰিছিল। তেওঁৰ লগত
তিনিটা পণ্ডিতৰ পৰিয়ালো আহিছিল। তেওঁলোক মহন, দেউধাই নামেৰে
জনাজাত আছিল। সেই সময়ত চুকাফাই সৌমাৰপীঠলৈ আহি লগ পোৱা জনগোষ্ঠীসমূহ আছিল-বৰাহী,
মৰাণ, চুতীয়া আৰু কছাৰী। অসমৰ সংস্কৃতি নামৰ
গ্ৰন্থত ড০ লীলা
গগৈয়ে লেখিছে- ‘আহোমসকল
ত্রয়োদশ শতিকাত প্রতিষ্ঠিত হয়; কিন্তু নানান কাৰণত তাৰ
পাছতো সৰু সৰুকৈ কেতবোৰ টাইগোট অসমলৈ আহি আহোমসকলৰ লগত মিলি যায়। ব্ৰহ্মৰ ৰজাৰ
অত্যাচাৰত তিষ্ঠিব নোৱাৰি অষ্টাদশ শতিকাত খামতি, টাই খাময়াং
আৰু টাই আইতনসকল আহি শদিয়া বা পাং-তেও-লা অঞ্চলত বসতি কৰিবলৈ লয়। টুৰুং, মান আৰু এটা খামতি গোট ঊনবিংশ শতিকাতহে অসমলৈ আহে৷’ লীলা
গগৈৰ এই তথ্য খুবেই তাৎপর্যপূর্ণ। কাৰণ যি সময়ত পাঁচ ছয় হাজাৰ বছৰ আগৰেপৰা
প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিত বসবাস কৰি থকা একাংশ মানুহক প্ৰব্ৰজনৰ দোহাই দি বিদেশী
সজাই আন্দোলন চলাই থকা হৈছে, তেতিয়া কিন্তু এইসকল লোকৰ
বিৰুদ্ধে এষাৰ মাতো মতা দেখা নাযায়।
ইয়াৰ পাছত আহোম স্বৰ্গদেউসকলে জ্ঞান-গৰিমা আৰু উন্নত সংস্কৃতিৰ
কাৰণে পশ্চিম ভাৰতৰপৰা ব্ৰাহ্মণ পণ্ডিতসকলক প্রাগজ্যোতিষ- কামৰূপৰ ভূমিলৈ আমন্ত্ৰণ
কৰি আনে। সেই ব্ৰাহ্মণসকলৰ লগত অন্যান্য সম্প্ৰদায়ৰ মানুহো তেতিয়া প্ৰব্ৰজন কৰি
আহিছিল। ব্ৰিটিচ শাসন কালতো বিহাৰ, উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰপৰা চাহ বাগিচাত কাম কৰিবলৈ বহু চাওঁতাল
অৰ্বাচীন অসমৰ ভূমিলৈ আন্তঃপ্ৰব্ৰজন কৰি আহে। এই সময় ছোৱাতে প্রাচীন
প্ৰাগজ্যোতিষ-কামৰূপৰ পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি অর্থাৎ আধুনিক পূৰ্ববংগৰপৰা ১৮৮১ চনৰ
মৈমন চিঙীয়া আইন আৰু ১৮৮৬ চনৰ কৃষি আইন মৰ্মে ‘সেউজ বিপ্লৱ’ৰ অধীনত প্ৰাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত বাংলাভাষী মুছলমানসকল অর্বাচীন
অসমৰ ভূমিলৈ ব্ৰিটিচৰ পৃষ্ঠপোষকতাত আন্তঃপ্ৰব্ৰজন কৰি আহে। এইসকল লোকৰ কিছু পাছতে
অৰ্থাৎ ত্ৰিছ আৰু চল্লিছৰ দহকত আৰু স্বাধীনোত্তৰ কালতো পূর্ব পাকিস্তানৰপৰা কিছু
নিম্নবৰ্ণৰ হিন্দুও প্ৰব্ৰজন কৰি অসমলৈ উঠি আহে। মাদ্ৰাজৰপৰাও বহুলোক অর্বাচীন
অসমৰ ভূমিলৈ আন্তঃপ্ৰব্ৰজন কৰি অহাৰ লগতে নেপালৰপৰাও বহুতো মানুহ প্ৰব্ৰজন কৰি আহে
বুলি জনা যায়। এইদৰে প্ৰাগৈতিহাসিক কালৰপৰা ইতিহাসে ঢুকি পোৱা দিনলৈ প্ৰাচীন
প্ৰাগজ্যোতিষ-কামৰূপৰ অৰ্বাচীন অসমৰ ভূমিলৈ প্ৰব্ৰজনৰ সোঁত বৈছিল বুলি বিভিন্ন
তথ্যৰপৰা জনা যায়।
বিভিন্ন গ্ৰন্থ আৰু পৰিব্ৰাজকৰ বৰ্ণনাত প্ৰাগজ্যোতিষ-কামৰূপ
ৰাজ্য।।
প্ৰাগজ্যোতিষ-কামৰূপৰ বিষয়ে পুৰণি পুথিসমূহত কেনে ধৰণে
উল্লেখ আছে এই বিষয়ে আলোচনা কৰা যাওঁক। ৰজনীকান্ত দেৱশৰ্মা সম্পাদিত অসমীয়া
বিশ্বকোষত উল্লেখ আছে যে, অসম
অতীজত প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে খ্যাত আছিল। ৰামায়ণ, মহাভাৰত
আৰু পুৰাণকে আদি কৰি বিভিন্ন শাস্ত্ৰত বহুবাৰ বহু প্ৰসংগত প্রাচীন প্ৰাগজ্যোতিষৰ
নাম উল্লেখ থকা দেখা যায়। মহাকাব্য দুখন আনুমানিক খ্ৰীষ্টপূর্ব পঞ্চম আৰু চতুৰ্থ
শতিকাত ৰচিত। খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা পুৰাণ আৰু ষোল্লশ শতিকাত ৰচিত
যোগিনীতন্ত্ৰ নামৰ গ্ৰন্থ দুখনতো কামৰূপ ৰাজ্যৰ কথা উল্লেখ আছে। পুৰাণসমূহৰ ভিতৰত মার্কণ্ডেয় পুৰাণ, অগ্নিপুৰাণ, গৰুড়পুৰাণ,
বায়ুপুৰাণ, মৎসপুৰাণ, ব্ৰহ্মাণ্ডপুৰাণ,
বিষ্ণুপুৰাণ, কালিকাপুৰাণ, হৰিবংশ আৰু বৃহৎ সংহিতা আদিতো প্ৰাগজ্যোতিষৰ নাম উল্লেখ আছে। চতুৰ্থ-পঞ্চম
শতিকাত ৰচিত ৰঘুবংশ, সপ্তম শতিকাত ৰচিত বাণভট্টৰ হৰ্ষচৰিত
আৰু দশম শতিকাত ৰচিত ৰাজশেখৰৰ কাব্য-মীমাংসা আদি সংস্কৃত গ্ৰন্থত প্রাগজ্যোতিষ আৰু
কামৰূপ দুয়োটা নামেই উল্লেখ থকা দেখা যায়। খ্ৰীষ্টীয় অষ্টম শতিকা আৰু দ্বাদশ
শতিকাৰ ভিতৰত তিব্বত আৰু নেপালত ৰচিত তান্ত্ৰিক বৌদ্ধ ধর্মপুথি হেবজ্র-তন্ত্র,
সন্মোহ-তন্ত্র, গোৰক্ষ বিজয় আৰু তিব্বতী
ভাষাত ৰচিত গ্রন্থসমূহত কামৰূপ কামাখ্যাৰ নাম তন্ত্র-মন্ত্ৰৰ দেশ হিচাপে উল্লেখ
আছে।
বিভিন্ন শিলালিপি আৰু পৰিব্ৰাজকৰ বৰ্ণণাতো
প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্যৰ উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰপৰা খ্ৰীষ্টীয় প্রথম আৰু দ্বিতীয়
শতিকাৰ টোলেমি, পেৰিয়াছ আদি গ্ৰীক
পণ্ডিতসকলৰ বৰ্ণণাতো প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্যৰ নাম উল্লেখ থকা দেখা যায়।
খ্ৰীষ্টীয় চতুর্থ-পঞ্চম শতিকামানৰপৰা এই দেশৰ প্ৰাচীন নাম
প্ৰাগজ্যোতিষ তল পৰি ক্ৰমে কামৰূপ নামটো প্ৰচলন হ’বলৈ ধৰে। খ্ৰীষ্টীয় চতুৰ্থ আৰু পঞ্চম শতিকাত খোদিত
সমুদ্রগুপ্তৰ বিখ্যাত ‘এলাহাবাদ প্রশস্তি’ত কামৰূপ নামটো উল্লেখ থকা দেখা যায়। এই এলাহাবাদ প্রশস্তিয়ে প্ৰাগজ্যোতিষ-কামৰূ
নম্পর্কে উল্লেখ থকা প্রাচীনতম নিদর্শন। সপ্তম আৰু অষ্টম শতিকাৰপৰা কামৰূপৰ গৌৰৱ,
যশস্যা আৰু দেশখনৰ পৰিসীমাই সৰ্বাধিক বিস্তৃতি লাভ কৰিছিল বুলি
ভাস্কৰবৰ্মনৰ তাম্ৰশাসন আৰু চীনা পৰিব্ৰাজক হিউয়েন-চাঙৰ টোকাৰপৰা জনা যায়।
বিভিন্ন তথ্যৰপৰা প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে কৰতোৱা নদী আৰু দক্ষিণে বংগোপ সাগৰলৈ
বিস্তৃত আছিল বুলি জনা যায়। খ্ৰীষ্টীয় দ্বাদশ শতিকাত ভাৰত ভ্ৰমণলৈ অহা পৰিব্ৰাজক
আলবেৰণীয়ে তেওঁৰ টোকাত এই দেশখনৰ নাম কামৰূ আৰু কামৰূদ বুলি উল্লেখ কৰিছে।
প্ৰাগজ্যোতিষ আৰু কামৰূপ নামৰ উৎপত্তি সম্পর্কে বিভিন্ন জনে
বিভিন্ন মতবাদ আগবঢ়াইছে। ইতিহাসবিদ ৰাজমোহন নাথৰ মতে প্রাচীন চীনদেশীয় ছাওথিয়াছ
নামৰ এটি প্ৰব্ৰজনকাৰী জাতিৰ এটা অংশই এই ঠাইলৈ আহি বসবাস কৰাৰ পাছত
পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি প্ৰাগঝুথিছ নামেৰে জনাজাত হয় আৰু তেওঁলোকৰ নাম অনুসাৰেই এই
ভূ-খণ্ডৰ নাম শেষলৈ প্ৰাগজ্যোতিষ হয়গৈ বুলি জনা যায়। বাণীকান্ত কাকতিৰ মতে
প্ৰাগজ্যোতিষ হ’ল অষ্ট্ৰিক ভাষাৰ
শব্দ আৰু ইয়াৰ অৰ্থ হ’ল বিস্তীর্ণ পাহাৰীয়া অঞ্চল।
সংখ্যায়িনগৃহ সংগ্ৰহত ইয়াক প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ বুলি উল্লেখ কৰিছে।
গোপথ ব্ৰাহ্মণত উল্লেখ থকা মতে ঘোৰ তপস্যাত মগ্ন মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত
হিন্দু দেৱতা কামদেৱ ভস্মীভূত হয় আৰু কামদেৱৰ পত্নী ৰতিদেৱীৰ প্ৰাৰ্থনাত কামদেৱৰ
পুনৰ জনম হয়। সেয়ে এই দেশখনৰ নাম কামৰূপ হয়। ড০ বাণীকান্ত কাকতিয়ে কামৰূপ
শব্দটো শাওঁতালী ভাষাৰ নিম্নখাপৰ দেৱতা কামৰু বা কামৰণ্ট শব্দৰপৰা উৎপত্তি হ’ব পাৰে বুলিও উল্লেখ কৰিছে।
প্রাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ সীমা সম্পর্কেও বিভিন্ন তথ্য
পোৱা যায়। কালিকাপুৰাণত কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যোজন) ব্যাপী
কামৰূপ ৰাজ্য বিয়পি আছিল বুলি উল্লেখ আছে। বৰ্তমানৰ বাংলাদেশ, অর্বাচীন অসম আৰু ভূটান আদি কামৰূপ ৰাজ্যৰ
অন্তৰ্গত আছিল। আৰ, এচ, এচৰ দ্বাৰা
সম্পাদিত ‘ভাৰতীয় ইতিহাসত এভূমুকি’ নামৰ
গ্ৰন্থত প্রাচীন ভাৰতবৰ্ষৰ যি মানচিত্ৰ সন্নিৱিষ্ট কৰা হৈছে তাত বৰ্তমানৰ বাংলাদেশ,
পশ্চিম বংগ, নেপাল, বিহাৰ
আদি প্রাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ অন্তৰ্ভূক্ত থকা দেখুৱা হৈছে। উক্ত মানচিত্র
অনুসৰি প্ৰাগজ্যোতিষৰ সীমা পশ্চিমে গংগা নদী, পূবে দিক্ৰাই
নদী ও শ্যামদেশ, দক্ষিণে বংগোপ সাগৰলৈ বিস্তৃত আছিল বুলি জনা
যায়। ত্রয়োদশ শতিকাত আহোমসকলৰ আগমনৰ পাছত প্ৰাগজ্যোতিষৰ সৌমাৰপীঠ, স্বর্ণপীঠ আৰু কামপীঠৰ ভূমিভাগ ক্ৰমে আহোমৰাজ্যৰ অন্তৰ্ভূক্ত হয় আৰু কালক্ৰমত
অসম নামেৰে পৰিচিত হৈ পৰে। ৰত্নপীঠৰ ভূমিভাগ ক্রমান্বয়ে বিদেশী মুছলমানৰ আগ্ৰাসনৰ
ফলত বংগৰ লগত যুক্ত হৈ কালক্ৰমত পূৰ্ববংগ নামেৰে পৰিচিত হৈ পৰে।
বিভিন্ন ৰজাৰ অধীনত প্ৰাগজ্যোতিষ-কামৰূপ ৰাজ্য।
মহিৰংগ দানৱ নামৰ ৰজা এগৰাকীয়ে ১৭০০ খ্রীষ্টপূর্বত প্রথম
প্রাগজ্যোতিষপুৰত ৰাজ্যত্বৰ পাতনি মেলিছিল বুলি এডৱাৰ্ড গেইট চাহাবে অসম বুৰঞ্জীত
উল্লেখ কৰিছে। মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশৰ হতক অসুৰ, সম্বৰ অসুৰ আৰু ৰত্নাসুৰে প্ৰাগজ্যোতিষপুৰত
ৰাজত্ব কৰিছিল বুলি জনা যায়। দানৱ আৰু অসুৰ শব্দৰপৰা তেওঁলোক অনাৰ্য আছিল বুলি
গেইট চাহাবে ঠাৱৰ কৰিছে। ১৬০০ খ্রীষ্টপূর্বত ঘটক কিৰাত প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত
আৰোহণ কৰে। (কিৰাত শব্দৰপৰাই কলিতা শব্দৰ উৎপত্তি হৈছে বুলি বহুতে অনুমান কৰে।) এৱোঁ
অনাৰ্য ৰজা আছিল। সেয়ে এওঁ ঘটকাসুৰ নামেৰে জনাজাত আছিল। ১৫০০ খ্ৰীষ্টপূৰ্বত
ঘটকাসুৰক হত্যা কৰি নৰকাসুৰ প্ৰাগজ্যোতিষৰ সিংহাসনত আৰোহণ কৰে। পৌৰাণিক আখ্যান
অনুসৰি বৰাহ ৰূপী বিষ্ণুৰপৰা পৃথিবীৰ গৰ্ভত জন্ম গ্ৰহণ কৰাৰ কাৰণে তেওঁৰ আন এটা
নাম ভৌম আছিল।
আনহাতে বাণীকান্ত কাকতিয়ে নৰকৰ জন্ম বৃত্তান্ত সম্পর্কে
লেখিছে- বিদেহৰ জনক উপাধিধাৰী ৰাজবংশৰ কোনোবা ৰাজপৰিয়ালত ৰাজকোঁৱৰসকলৰ লগত
কাত্যায়নী নামৰ ধাইৰ ল’ৰা এটিও
ডাঙৰ দীঘল হৈছিল। ল’ৰাজনৰ বাপেক অজানিত। ....আর্যোচিত শিক্ষা
পাই ল’ৰাজন আৰ্যভাৱাপন্ন হৈ পৰে। পিছৰ কালত ধাইৰ ল’ৰাই নৰক নামলৈ ৰাজ্যাধিপতি হৈ উন্নতশীল হোৱাত ৰজা জনকে সন্তোষ পাই
সপৰিবাৰে তেওঁক চাবলৈ আহিছিল। ইয়াৰপৰা অনুমান কৰিব পাৰি যে, নৰক পৰিচাৰিকাৰ গৰ্ভত ওপজা জনক ৰজাৰ জাৰজ সন্তান আছিল। নৰকাসুৰৰ ৰাজত্ব
কালতে আৰ্যসকলে কামৰূপ ৰাজ্যত থিতাপি লৈছিল। নৰকাসুৰৰ ৰাজত্ব কাল ইমানেই প্রসিদ্ধ
আছিল যে, এই বংশৰ ৰজাসকলে নিজক নৰক আৰু তেওঁৰ পুত্ৰ ভগদত্তৰ
বংশধৰ বুলি পৰিচয় দিছিল। বাণীকান্ত কাকতিৰ মতে নৰক শব্দটো জনক শব্দৰ দৰে উপাধিহে
আছিল--- কোনো এগৰাকী বিশেষ ৰজাৰ নাম নাছিল। এই নৰক বংশীয় ৰজাসকলে বহুকাল কামৰূপত
ৰাজত্ব কৰিছিল।
পুৰাণ আৰু তন্ত্ৰসমূহৰ পৰা নৰকাসুৰৰ ৰাজ্যৰ সীমা পশ্চিমে
কৰতোৱা আৰু পূবে ডিক্ৰং নদীলৈ বিস্তৃত আছিল বুলি জনা য়ায়।
নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰি থকাৰ সময়তে
শোণিতপুৰত বাণ ৰজাই আৰু বৰ্তমানৰ শদিয়া অঞ্চলৰ কুণ্ডিল নগৰত ভীষ্মক ৰজাই ৰাজত্ব
কৰিছিল। পুৰাণ প্ৰসিদ্ধ বাণ ৰজাই খ্ৰীষ্টপূৰ্ব ১৫০০ চনত ৰাজত্ব কৰিছিল। বাণ
দৈত্যবংশীয় হিৰণ্যকশিপুৰ পৰনাতি আছিল। বিশ্বনাথ দাস সম্পাদিত ‘উত্তৰ বংগেৰ পূৰাকীৰ্ত্তি’ নামৰ গ্ৰন্থৰপৰা বাণৰজাৰ বিষয়ে বহু কথা জানিবপৰা যায়। উক্ত গ্রন্থত
পশ্চিম বংগৰ বাণগড় নামৰ ঠাইত এটি গড় থকাৰ কথা উল্লেখ আছে। গংগাপুৰ বন্দৰৰপৰা
সামান্য উত্তৰত পুনৰ্বাহ নদীৰ পাৰত অৱস্থিত এই বাণগড়ক কেন্দ্ৰ কৰি কিংবদন্তি আৰু
ইতিহাস সাঙোৰ খাই আছে। সন্ধ্যাকৰ নন্দীৰ মতে পুনৰ্বাহ বা বৰেন্দ্ৰ হৃদয় বা অৰ্জুনভা
নদীৰ পূণ্যতীৰত
হাজাৰ হাজাৰ বছৰ আগত পুৰাণ আৰু ইতিহাস বিজড়িত বাণগড়ৰ কিংবদন্তি গঢ়লৈ
উঠিছিল। পৌৰাণিক কাহিনীৰ বাণৰজাৰ লগত বাণগড় ওতঃপ্রোত ভাবে জড়িত হৈ আছে। বাণৰজাৰ
জীয়েক ঊষাক হৰণ কৰি নি শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিয়া কৰাইছিল। সড়ক পুৰাণত
বৰ্ণিত কিংবদন্তিয়ে ইয়াৰ সাক্ষ্য বহন কৰিছে। উষা হৰণৰ পাছত বাণাসুৰ আৰু
শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হয় আৰু উক্ত যুদ্ধত বাণাসুৰ শ্ৰীকৃষ্ণৰ হাতত পৰাজিত হয়।
এয়াই বিখ্যাত হৰি-হৰৰ যুদ্ধ নামে বিখ্যাত।
কোচবিহাৰৰপৰা ১০ কিলোমিটাৰ উত্তৰ দিশত বাণেশ্বৰ ৰে'ল ষ্টেচন অৱস্থিত আৰু উক্ত ৰে'ল ষ্টেচনৰপৰা পূব দিশত সুপ্রাচীন বাণেশ্বৰ মন্দিৰ অৱস্থিত। শিৱৰ নামৰপৰাই
এই মন্দিৰৰ নাম বাণেশ্বৰ হৈছে বুলি মানুহৰ বিশ্বাস। সর্বপ্রথম কোনে এই মন্দিৰ
নিৰ্মাণ কৰিছিল তাক জনা নাযায়। কাৰোবাৰ মতে বাণাসুৰ, কাৰোবাৰ
মতে ৰজা জল্লেশ আৰু কাৰোবাৰ মতে আকৌ খেন বংশীয় ৰজা নীলাম্বৰে এই মন্দিৰটো নিৰ্মাণ
কৰিছিল বুলি মতবাদ প্রচলিত আছে। কিন্তু বাণাসুৰৰ নামৰ লগত মন্দিৰৰ নাম সাঙোৰ খাই
থকাৰ কাৰণে মন্দিৰটো বাণাসুৰে প্ৰতিষ্ঠা কৰিছিল বুলি অনুমান কৰিব পাৰি। এই মন্দিৰৰ
নামকৰণক লৈ এটি কিংবদন্তি প্রচলিত আছে।
কিংবদন্তি অনুসৰি দ্বাপৰ যুগৰ অন্তিম পৰ্যায়ত বাণ নামে এজন
দৈত্যৰাজে উত্তৰ বংগৰ উজানি নগৰত ৰাজত্ব কৰিছিল। বাণ ৰজাই বাহুবলেৰে স্বৰ্গৰাজ্য
অধিকাৰ কৰিছিল। বাণ ৰজাৰ ইষ্ট দেৱতা আছিল শিৱ। শিৱৰ নিৰ্দ্দেশত বাণে বিজিত স্বৰ্গ
ৰাজ্য পুনৰ ইন্দ্ৰক ওভতাই দিব লগা হৈছিল। এই ঘটনাত বাণৰ মনত অনুশোচনা হয় আৰু তেওঁ
কঠোৰ তপস্যাৰ জৰিয়তে শিৱক সন্তুষ্ট কৰি কৈলাশৰপৰা মৰ্ত্তলৈ আনি নিজ ৰাজ্যত
প্ৰতিষ্ঠা কৰাৰ বাবে সংকল্প লয়। সংকল্প অনুসৰি তেওঁ ঘোৰ তপস্যাত নিমগ্ন হয়। বাণৰ
তপস্যাত সন্তুষ্ট হৈ শিৱে বাণ ৰজাৰ ৰাজ্যলৈ আহিবলৈ সন্মত হয়। কিন্তু শিৱে এই
খিনিতে এটা চৰ্ত আৰোপ কৰে। যদি বাণে তেওঁক এটা ৰাতিৰ ভিতৰতকৈলাশৰপৰা স্থানান্তৰ কৰি
নিজ ৰাজ্যলৈ আনি স্থাপন কৰিব পাৰে তেনেহ'লেহে তেওঁ বাণ ৰজাৰ লগত আহিব।চৰ্ত সাপেক্ষে বাণ ৰজাই ফাগুন মাহৰ শিৱ
চতুৰ্দ্দশী তিথিত শিৱক লৈ কৈলাশৰপৰা নিজ ৰাজ্য অভিমুখে যাত্ৰা আৰম্ভ কৰে আৰু ৰাতি শেষ
হোৱাৰ আগতেই নিজ ৰাজ্যৰ ওচৰত গেদসাণ্ডাৰা নামৰ ঠাইত অৰ্থাৎ বৰ্তমানৰ বাণেশ্বৰত
উপস্থিত হয়। নিজ ৰাজ্যলৈ অহাৰ বাটত বাণৰ প্ৰচণ্ড প্ৰসাৱৰ বেগ হৈছিল যদিও তেওঁ
অসীম ধৈৰ্যৰে দীর্ঘ সময় ধৰি সেই বেগ সহ্য কৰি আছিল; কিন্তু
বাণেশ্বৰলৈ অহাৰ লগে লগে সেই বেগ অধিক প্রবল হৈ উঠে আৰু তেওঁ প্ৰসাৱ কৰিবলৈ বাধ্য
হৈ পৰে। সেই সময়ত তাত ব্ৰাহ্মণৰ বেশ ধৰি নাৰদ উপস্থিত হয়। বাণে নাৰদৰ ওচৰত
মহাদেৱক ৰাখি মূত্র ত্যাগ আৰম্ভ কৰে; কিন্তু দেৱতাৰ অলৌকিক
লীলাত পাছদিনা ৰাতিপুৱালৈকে সেই মূত্রত্যাগ দীর্ঘস্থায়ী হয়। ফলত চৰ্ত ভংগ হয় আৰ
চৰ্ত ভংগৰ অপৰাধত শিৱ অন্তৰ্দ্ধাৰ্ন হয়। পাছত শিৱে বংক্তি নদীৰ পাৰত এটি শিৱলিংগ
স্থাপন কৰিবলৈ স্বপ্নযোগে বাণক নির্দেশ দিয়ে। নির্দেশ অনুসৰি বাণে শিৱলিংগটো
স্থাপন কৰে আৰু তেতিয়াৰ পৰাই শিৱলিংগটো বাণেশ্বৰ নামেৰে প্রসিদ্ধি লাভ কৰে।
পৰৱৰ্ত্তী কালত শিৱলিংগৰ নাম অনুসৰি গাঁৱখনৰ নাম গেৰ্দসাণ্ডাৰাৰ সলনি বাণেশ্বৰ হৈ
পৰে।
এই কাহিনীৰ সত্যতা যিয়েই নাথাকক কিয়, পুৰাণ প্ৰসিদ্ধ বাণ ৰজাৰ ৰাজ্য বৰ্তমানৰ
পশ্চিম বংগলৈ বিয়পি থকাৰ কথা এই কাহিনীৰপৰা স্পষ্ট হৈ পৰিছে। বৰ্তমানৰ পশ্চিম
বংগৰ পশ্চিম দিনাজপুৰৰ তপন থানাৰ অন্তৰ্গত কৰদহ নামৰ ঠাইত বাণ ৰজাৰ নশ নিৰানব্বৈখন
হাত দাহ কৰা হৈছিল বুলিও কিংবদন্তি প্রচলিত আছে। বাণ ৰজাৰ এইবোৰ আখ্যান আলোচিত
বিষয়ৰ লগত বিশেষ সম্পর্কিত নহ'লেও কামৰূপ ৰাজ্যৰ বিস্তৃতি
সম্পর্কে ধাৰণাৰ কাৰণে বর্ণণা কৰা হ'ল।
নৰকাসুৰৰ পুতেক ভগদত্ত বৰ্মণ বংশৰ বিখ্যাত ৰজা আছিল। তেওঁ
কিৰাত আৰু চীনা সৈন্যৰে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ পাণ্ডৱ শিৱিত আতংক
সৃষ্টি কৰিছিল। ভগদত্তৰ পাছত বজ্ৰদত্ত কামৰূপৰ সিংহাসনত আৰোহণ কৰে। তেওঁ
যুধিষ্ঠিৰৰ যজ্ঞৰ ঘোঁৰা বন্দী কৰি পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু সেই যুদ্ধত
হাৰি পাণ্ডৱৰ বশ্যতা স্বীকাৰ কৰিছিল। নৰকাসুৰ বিদেহ বা উত্তৰ বিহাৰৰপৰা প্ৰব্ৰজন
কৰি আহিছিল বুলি পদ্মনাথ গোহাঞি বৰুৱাই অসমৰ বুৰঞ্জীত উল্লেখ কৰিছে। বিষ্ণুপুৰাণ, গৰুড় পুৰাণ, আৰু
অগ্নি পুৰাণত নৰকক আৰ্য ৰজা হিচাপে পৰিচয় দিয়া হৈছে। কিন্তু মহাভাৰতৰ যুদ্ধত
নৰকাসুৰৰ পুত্ৰ ভগদত্তই কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰাৰ লগতে বজ্ৰদত্তই পাণ্ডৱৰ যজ্ঞৰ ঘোঁৰা
আটক কৰালৈ লক্ষ্য কৰি তেওঁলোক অনাৰ্য আছিল বুলিও বৰুৱাদেৱে ধাৰণা কৰিছে। বৰুৱা
দেৱৰ ধাৰণা আৰু অসুৰ উপাধিলৈ লক্ষ্য কৰি নৰকাসুৰ অনাৰ্য ৰজা আছিল বুলি ভবাৰ যথেষ্ট
থল আছে।
বজ্ৰদত্তৰ পাছত খ্ৰীষ্টীয় চতুর্থ শতিকালৈ কামৰূপত কোনে
ৰাজত্ব কৰিছিল এই বিষয়ে সবিশেষ উল্লেখ নাই। খ্ৰীষ্টীয় চতুর্থ শতিকাত পুষ্যবর্মণ (
৩৫০-৩৮০) কামৰূপৰ সিংহাসনত আৰোহণ কৰে। প্ৰাচীন কামৰূপৰ বিষয়ে যিসকল ৰজাৰ নিৰ্ভৰ
যোগ্য তথ্য পোৱা যায় সেই সকলৰ ভিতৰত পুষ্যবৰ্মণেই প্ৰথম ৰজা আছিল আৰু সেয়ে তেওঁক
কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ গুপ্ত সম্ৰাট সমুদ্র
গুপ্তৰ সমসাময়িক আছিল। পুষ্যবর্মণ আলপাইন জনগোষ্ঠীৰ লোক আছিল কাৰণে তেওঁক আৰু
তেওঁৰ পৰৱৰ্ত্তী বংশধৰসকলক আৰ্যসকলে ম্লেচ্ছ ৰজা বুলিছিল।
পুষ্যবৰ্মণৰ পাছত যথাক্রমে সমুদ্র বর্মণ (আনুমানিক ৩৮০-৪০৫/৪১০), বল বর্মণ ( ৪০৫-৪২০), কল্যাণ বর্মণ (৪২০-৪৪০), গণপতি বর্মণ (৪৪০-৪৫৯),
মহেন্দ্র বর্মণ (৪৫৯-৪৮৫) আদি ৰজাসকলে কামৰূপৰ শাসন ভাৰ চণ্ডালে।
মহেন্দ্ৰ বৰ্মণে গুপ্ত সম্ৰাটৰ বিৰুদ্ধে যুদ্ধ কৰি কৃতকাৰ্য হৈছিল আৰু অশ্বমেধ
যজ্ঞ কৰা প্ৰথমজন বৰ্মণ বংশীয় ৰজা আছিল। পশ্চিম দিশলৈ ৰাজ্য বিস্তাৰ কৰি তেওঁ
বংগলৈকে প্রভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। মহেন্দ্ৰ বৰ্মণৰ পাছত নাৰায়ণ বৰ্মণ
(আনুমানিক ৪৮৫-৫১০) কামৰূপত ৰাজত্ব কৰিছিল। নাৰায়ণ বৰ্মণৰ পাছত ভূতি বৰ্মণে
(৫১০-৫৫০) কামৰূপত ৰাজত্ব কৰে। ভূতি বৰ্মণে পুণ্ড্ৰবৰ্দ্ধন (উত্তৰ বংগ) জয় কৰি
চন্দ্ৰপুৰী অঞ্চলত দুশজনতকৈও অধিক ব্রাহ্মণক মাটি-বৃত্তি দান কৰিছিল। নগাঁও জিলাৰ
বড়গাংগত উদ্ধাৰ হোৱা শিলালিপিত এই ভূমিদানৰ কথা উল্লেখ আছে। ভূতি বৰ্মণৰ পাছত
চন্দ্ৰমুখ বৰ্মণ (৫৫০-৫৬৫) আৰু স্তিত বৰ্মণ (৫৬৫-৫৮৫) কামৰূপৰ সিংহাসনত আৰোহণ কৰে।
উত্তৰ বংগতআধিপত্য বিস্তাৰৰ কাৰণে স্তিত বৰ্মণে গুপ্ত সম্রাটসকলৰ লগত যুদ্ধ কৰিব
লগীয়া হৈছিল বুলি ইতিহাসবিদসকলে ধাৰণা কৰে। স্তিত বৰ্মণৰ পাছত সুস্তিত বর্মণ
(৫৮৫-৫৯৩) কামৰূপৰ সিংহাসনত বহে। গুপ্ত সম্রাট মহাসেন গুপ্তই সুস্তিত বৰ্মণক
পৰাজিত কৰি পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি দখল কৰিছিল। সুক্তিত বৰ্মণৰ পাছত সুপ্রতিষ্ঠিত
বর্মণে (৫৯৩-৫৯৪) মাথোন এবছৰকাল কামৰূপত ৰাজত্ব কৰে। সুপ্রতিষ্ঠিত বৰ্মণৰ অকাল
বিয়োগ হোৱাত সুস্তিত বৰ্মণৰ দ্বিতীয় পুত্ৰ কুমাৰ ভাস্কৰ বৰ্মণ (৫৯৪-৬৫০) কামৰূপৰ
সিংহাসনত আৰোহণ কৰে।
ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালৰপৰা ভাস্কৰাব্দ বা কামৰূপী চন
প্ৰৱৰ্ত্তন হয় আৰু কামৰূপৰ বুৰঞ্জীত নতুন অধ্যায়ৰ সূচনা হয়। এওঁৰ দিনতে চীনা
পৰিব্ৰাজক হিউয়েন চাং ৬৪২ খ্ৰীষ্টাব্দত কামৰূপলৈ আহে আৰু তেওঁ চি-ইউ-কিত কামৰূপৰ
বিষয়ে বহুমূলীয়া টোকা লেখি থৈ গৈছে। সুস্তিত বৰ্মণৰ ৰাজত্ব কালত গুপ্ত সম্রাট
মহাসেন গুপ্তই কাঢ়ি লোৱা পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি ভাস্কৰ বৰ্মণে গৌড়ৰাজ শশাংকক
পৰাজিত কৰি পুনৰ দখল কৰে। শশাংকৰ ৰাজধানী কৰ্ণসুৱৰ্ণ দখল কৰি ৰণবাহাৰৰ চন্দ্ৰপুৰী
অঞ্চলত তেওঁ ব্ৰাহ্মণক মাটি দান কৰি নতুনকৈ তামৰ ফলি খোদিত কৰিছিল। এয়াই বিখ্যাত
নিদানপুৰ তামৰ ফলি। ভাস্কৰ বৰ্মণে সেই সময়ৰ প্ৰখ্যাত ৰজা হৰ্ষবৰ্দ্ধনৰ সমসাময়িক
আছিল আৰু তেওঁৰ লগত মিত্ৰতা কৰিছিল। হৰ্যবৰ্দ্ধনৰ মৃত্যুৰ পাছত নালন্দা অঞ্চলো
কুমাৰ ভাস্কৰ বৰ্মণৰ হাতলৈ আহিছিল। এওঁৰ দিনতে উত্তৰ ভাৰতৰ ৰাজনীতিত কামৰূপৰ বিশেষ
প্ৰভাৱ পৰিছিল। ভাস্কৰ বৰ্মণৰ ৬৫০ খ্ৰীষ্টাব্দত মৃত্যু হয় আৰু তেওঁ অবিবাহিত থকাৰ
কাৰণে তেওঁৰ মৃত্যুৰ পাছত বৰ্মণ ৰাজবংশৰ ৰাজত্ব ইতি পৰে।
ভাস্কৰ বৰ্মণৰ মৃত্যুৰ পাছত কামৰূপৰ সিংহাসনলৈ যুঁজ-বাগৰ
আৰম্ভ হয় আৰু শালস্তম্ভ (৬৫০-৬৭৫) নামৰ বিষয়া এজনে সিংহাসন অধিকাৰ কৰে। তেওঁ
নিজৰ নাম অনুসাৰে শালস্তম্ভ নামৰ নতুন ৰাজবংশ প্রতিষ্ঠা কৰে। শালস্তম্ভ বংশৰ ২১ জন
ৰজাই পর্যায়ক্রমে ৬৫০ খ্ৰীষ্টাব্দৰপৰা ৯৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল।
শালস্তম্ভ বংশৰ ৰজাসকলে নিজক ভৌম অর্থাৎ নৰক ভগদত্তৰ বংশধৰ বুলি পৰিচয় দিছিল।
তেওঁলোকে হাৰুপেশ্বৰ (হাটকেশ্বৰ)ত দ্বিতীয় ৰাজধানী পাতিছিল। এই নগৰ বৰ্তমান
তেজপুৰত অৱস্থিত। তেজপুৰত থকা অধিক সংখ্যক কীৰ্ত্তিচিহ্নই শালস্তম্ভ বংশৰ ৰজাসকলৰ
দিনৰ। এই বংশৰ সৰ্বশ্ৰেষ্ঠ নৃপতি শ্ৰীহৰ্ষদেৱ বা শ্রীহৰ্ষই আনুঃ ৭২৫
খ্ৰীষ্টাব্দৰপৰা ৭৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল আৰু তেওঁ গৌড় (উত্তৰ বংগ), উড্র (উৰিষ্যা) আৰু কলিংগ জয় কৰি কামৰূপ
ৰাজ্যক এখন বিশাল সাম্ৰাজ্যত পৰিণত কৰিছিল। বৰ্তমানৰ গোদাবৰী আৰু মহানদীৰ মাজৰ
অঞ্চলক তেতিয়া কলিংগ নামেৰে জনা গৈছিল। তেওঁৰ ৰাজত্ব কালতে কামৰূপ ৰাজ্যৰ সীমা
বংগদেশ অতিক্ৰম কৰি উত্তৰ ভাৰতৰ বহু অঞ্চললৈ বিয়পি পৰিছিল। কনৌজ ৰাজ যশোবর্মণৰ
হাতত পৰাজিত হৈ শ্ৰীহৰ্ষই ৭৫০ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰে। (উৎস- History
of civilization of Assam)।
শালস্তম্ভ বংশৰ বাকী ৰজাকেইজনৰ মাজত হৰ্জৰ বৰ্মণ (৮১৫-৮৩৫)
(পদ্মনাথ গোহাঞি বৰুৱাদেৱে হৰ্জৰ বৰ্মণৰ ৰাজত্ব কাল ৮২০- ৮৩৫ বুলি অসমৰ বুৰঞ্জীত
উল্লেখ কৰিছে।), কামাল বৰ্মণ বা কামাল
দেৱ (৮৩৫-৮৬৫) আৰু তৃতীয় বলবর্মণ (৮৮৫-৯১০)ৰ ৰাজত্ব কাল উল্লেখযোগ্য যদিও হৰ্জৰ
বৰ্মণৰ ৰাজত্ব কাল বিশেষ ভাবে উল্লেখ যোগ্য। পৰ্বতৰ নামনি অংশৰ সৰু সৰু ৰজাই তেওঁৰ
বশ্যতা স্বীকাৰ কৰিছিল আৰু বহু ধুনীয়া প্রাসাদ ও মন্দিৰ নিৰ্মাণ কৰি হাৰুপেশ্বৰ
নগৰখন ধুনীয়াকৈ সজাইছিল। তেওঁ চন্দ্ৰপুৰী অঞ্চলত এজন ব্ৰাহ্মণক মাটিও দান কৰিছিল।
শ্ৰী তৰুণ দাসে তেওঁৰ ‘শোণিতপুৰ জিলাত এভুমুকি’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ৮২৯-৩০ খ্ৰীষ্টাব্দত
শালস্তম্ভ বংশীয় নৃপতি হৰ্জৰ বৰ্মণে তেজপুৰস্থিত তিলেংগশ্বৰ দেৱালয়ৰ পাদদেশত
ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এটি প্রকাণ্ড শিলত লিপি খোদিত
কৰাইছিল। এইখনে বিখ্যাত ন-শৰণীয়া শিলালিপি। সম্ভৱতঃ অসমত যি কেইটা শিলালিপি পোৱা
গৈছে তাৰ ভিতৰত এইখনেই পঠনৰ বাবে আটাইতকৈ কষ্টসাধ্য। এই শিলালিপিৰ পাঠোদ্ধাৰ
কৰিবলৈ বহু পানী ঘোলা কৰিব লগা হৈছিল।
১৮৯৪ খ্রীষ্টাব্দত এই শিলালিপিটোৰ বিষয়ে অৱগত হৈ গেইট
চাহাবে প্রথম ইয়াৰ পাঠোদ্ধাৰ কৰিবলৈ যত্নপৰ হয়। কিন্তু তেওঁ শিলালিপিটোৰ
পাঠোদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। ফলত
তেওঁ শিলালিপিটোৰ অনুৰূপ লিপি প্ৰস্তুত কৰি কলিকতাৰ ড০ হৰ্ণলী (Director of Ethography)লৈ পাঠোদ্ধাৰ কৰিবলৈ পঠায়। কিন্তু
ড০ হর্ণলীয়েও শিলালিপিটো সম্পর্কে কোনো মতামত দাঙি ধৰিব নোৱাৰিলে।
ফলত তেওঁ ড০ ব্লকৰ শৰণাপন্ন হয়। ড০ ব্লক তেজপুৰলৈ আহি
শিলালিপিটো পৰ্যবেক্ষণ কৰে। তেওঁ বহু কষ্টৰ মূৰকত মাথোন হৰ্জৰ আৰু ৫১০ ভঞ্জ শব্দ
দুটাৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত ড০ ফিলহৰ্ণে এই শিলালিপিটোৰ প্ৰথম
দুশাৰীৰ পাঠোদ্ধাৰ কৰিবলৈ সমৰ্থ
হয়। ১৯১০ চনত নগেন্দ্র নাথ বসু প্রাচ্য বিদ্যার্ণবে শিলালিপিটোৰ পাঠোদ্ধাৰ
কৰিবলৈ সক্ষম হয় আৰু তেওঁ তেওঁৰ (Social
History of Assam) নামৰ গ্ৰন্থত এই লিপিৰ
পাঠোদ্ধাৰ লিপিবদ্ধ কৰে। এই শিলালিপিৰ পাঠোদ্ধাৰ আছিল তলত দিয়া ধৰণে-
ওঁ ! স্বস্তি হাৰুপেশ্বৰপুৰাৱস্থিত স্বভুজঙ্গ বলমদ
দৰ্প গর্বিত মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰম ভট্টাৰক পৰমাহেশ্বৰ
শ্ৰীহৰ্জৰ বৰ্মণ দেৱস্য বধমান বিজয় ৰাজ্যে মহাসামন্ত সেনাধ্যক্ষ
শ্ৰী সুচিত্তস্য অধিকাৰ দিনে কৈৱৰ্ত্ত নৈকুক্ষি স্বভক্ষসাধন্য
নৌৰজ্য তস্য নাক্কজোসী শুদ্ধ ব্যৱহাৰ শ্চোদভূত
তত্ৰ নৌৰজ্জক নহি তত প্ৰবিস্তঃ সাৱণী শ্ৰীচিত্তদক্ষ
ভট্টজীউ লাদিলী ঝা দক্ষদিগ্বাবাসীদলাকব্বা
ইত্যেত বলধক্ষা সামন্ত শিলাকুট্টকবলেয়া পঞ্চ
কুলশকবৰ ভট্টপুত্ৰসোমদেৱাদয়ঃ ভূচতুর্দিক সীমাকৃত
প্রাক সলিললক্ষাভূদাগ পশ্চিমাংনাক্কজোসয়া
ক্ষ্যাং প্ৰবৰভূমিত্যবৰ পৰ্বত উত্তৰা দ্বহিবহিৰাত যঃ
ব্যবনং কৰোতি তস্য পঞ্চভট্টিকা গৃহীতব্য মিতিঃ ।
৷৷ ভঞ্জ ৫১০৷৷
আজিৰপৰা কিছুদিন আগতে ‘কামৰূপ শাসনাৱলী’ নামৰ গ্ৰন্থত নতুন ৰূপত এই
শিলালিপিটোৰ এটি অসমীয়া অনুবাদ দেখিবলৈ পোৱা যায়। পাঠকৰ জ্ঞাতাৰ্থে এই অনুবাদ
দাঙি ধৰা হ’ল-‘ওঁ স্বস্তি!
হাৰুপেশ্বৰপুৰাৱস্থিত নিজ ভূজবলৰ অহংকাৰ মত্ত, মহাৰাজাধিৰাজ,
পৰমেশ্বৰ পৰম পণ্ডিত, পৰম শৈৱ শ্ৰী হৰ্জৰ
বৰ্মাদেৱ বিজয় ক্রমবৰ্দ্ধৰ্মান হোৱা ৰাজ্যত মহাসামন্ত শ্ৰী সুচিত্তৰ অধিকাৰৰ দিনত
নাৱৰ কৰ আদায়কাৰী কৈৱৰ্ত্ত নৌকাৰ গুণটনাসকলৰ অধিকৰ্ত্তা আৰু নাক্কোজোসৰ অধিকাৰলৈ
এই তিনি পক্ষৰ মাজত বিবাদ আৰম্ভ হ'ল। কিন্তু গুণটনাসকলৰ অধিকৰ্ত্তাই
এই বিবাদত আনুষ্ঠানিক ভাবে যোগ দিয়া নাছিল। সাৱণী, চিত্ৰধৰ
দক্ষ, ভট্টজীউ, লাদিলীঝা, দলাকব্বা আৰু অন্যান্য দিগ্বাসীসকল, শিলাকুট্ট
সামন্তক স্ব-বশলৈ অনা পঞ্চকুলৰ শংকৰ ভট্টৰ পুত্ৰ, সোমদেৱ আৰু
অন্যান্যসকলে (এই ভূমিৰ) চাৰিসীমা এনেদৰে ঠাৱৰ কৰিছে-
পূবে খাৰুৱা পানীৰ অঞ্চলৰ লগত সংলগ্ন পার্বত্যময় দেশ, পশ্চিমে নাক্কোজোস, দক্ষিণে
প্ৰৱৰ ভূমি, উত্তৰে আৱৰ পৰ্বত। ইয়াৰ বাহিৰে নাও চলাই অন্যথা
কৰিলে পাঁচ কুৰি জৰিমনা কৰা হ’ব।' এতিয়া
প্ৰশ্ন হ’ল, হৰ্জৰ বৰ্মণৰ দ্বাৰা খোদিত
শিলালিপিটোত উল্লেখিত চাৰিসীমা কি হ’ব পাৰে? কামৰূপ শাসনাৱলীৰ গ্ৰন্থকাৰেলেখিছে যে, মাছমৰীয়াসকলক
নিৰ্দ্ধাৰিত কৰি দিয়া এই প্রত্যক্ষ চাৰিসীমাৰ মাধ্যমেৰে হৰ্জৰ বৰ্মণে পৰোক্ষ ভাবে
তেওঁৰ ৰাজ্যৰ চাৰিসীমাৰ কথা উনুকিয়াইছে। শিলালিপিত উল্লেখিত খাৰুৱা পানীৰ লগত
সংযুক্ত পার্বত্য অঞ্চলৰ কথা কোৱাত সকলোৰে মনত প্ৰশ্ন উদয় হ’ব যে, অসমত লৱণ মিশ্ৰিত পানী ক’ত আছিল? এই প্রশ্ন কৰিয়ে লেখকে যুক্তি দাঙি ধৰিছে
যে, লৱণ যুক্ত পানী হয়তো শদিয়াত পোৱা গৈছিল।
তাহানি শোৱণশিৰি পাহাৰত লৱণৰ পুং আছিল, যি লোণ লুইতে ধুৱাই আনি পৰশুৰামকুণ্ডত
পেলাইছিল। ১৯৫০ চনৰ ভূমিকম্পত শোৱণশিৰি পাহাৰটো পৰুশুৰামকুণ্ডত খহি পৰাত লৱণ যুক্ত
পানীৰ অৱস্থিতি নাইকীয়া কৰি পেলালে। সেয়ে হৰ্জৰ বৰ্মণৰ পূবৰ সীমা
পৰশুৰামকুণ্ডলৈকে আছিল বুলি লেখকে ধাৰণা কৰিছে। এই ধাৰণা সঠিক যেন লাগে। কাৰণ
হিউয়েন-চাঙৰ ভ্ৰমণ কালত লেখা চি-ইউ-কিত আৰু সপ্তম শতিকাত ৰচিত হৰিচৰ্তিত
প্ৰাগজ্যোতিষৰ পূবৰ সীমা দিক্কৰ বাসিনী নদী আছিল বুলি উল্লেখ আছে।
ঠিক সেইদৰে পশ্চিম সীমা নাক্কোজোস অঞ্চল বুলি উল্লেখ কৰাত
আজিৰ সুন্দৰবন অঞ্চলকেই লেখকে তাহানিৰ নাক্কোজোস বুলি অনুমান কৰিছে। লেখকে নিজৰ
যুক্তি সিদ্ধ কৰিবলৈ যুক্তি আগবঢ়াইছে যে, ‘ধ’ আকাৰৰ অঞ্চলটো অন্য কথাত মানুহৰ নাকৰ দৰেই দেখি কাৰণে
তেতিয়া সুন্দৰবনৰ নাম নাক্কোজোস নামেৰে নামকৰণ কৰা হৈছিল বুলি ভবাৰ থল আছে। এই
যুক্তিৰ আধাৰত লেখকে আজিৰ বাংলাদেশখন তাহানিৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল বুলি
উল্লেখ কৰিছে। ভাস্কৰ বৰ্মণৰ দ্বাৰা খোদিত ‘নিদানপুৰ
তাম্ৰশাসন’ শ্রীহট্টৰ ওচৰৰ নিদানপুৰত পোৱাত এই যুক্তি অধিক
গ্রহণযোগ্য কৰি তুলিছে। বাংলাদেশত প্রচলিত পৰম্পৰা, লোক-বিশ্বাস,
অন্ধবিশ্বাস আদিৰ লগত অসমৰ মানুহৰ সাদৃশ্য থকা কথাটোৱেও এই যুক্তিক
প্রতিনিধিত্ব কৰে। হাজাৰ হাজাৰ বছৰ একেখন ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল কাৰণে একে ধৰণৰ
মানসিক অৱস্থা সৃষ্টি হৈছিল বুলি ধাৰণা কৰিব পাৰি।
শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগসিং (৯৭০-৯৯০) নিঃসন্তান
অৱস্থাত মৃত্যু বৰণ কৰাত মন্ত্ৰী পৰিষদে ব্ৰহ্মপাল (৯৯০-১০১০)ক কামৰূপৰ সিংহাসনত
বহুৱায়। ব্ৰহ্মপালৰ পুতেক ৰত্নপাল (১০১০-১০৪০) এই বংশৰ আটাইতকৈ প্ৰভাৱশালী ৰজা
আছিল। তেওঁ কামৰূপৰৰাজধানী সুৰক্ষিত ভাবে নিৰ্মাণ কৰাই দুৰ্জয়া নগৰ নাম দিছিল।
তেওঁৰ ৰাজ্যত তামৰ খনি আছিল আৰু সেই খনিৰপৰা প্ৰচুৰ তাম পোৱা গৈছিল। তেওঁৰ দিনত
খোদিত বৰগাঁৱৰ তামৰ ফলিত এই কথা উল্লেখ আছে। গাৰোপাহাৰ আৰু খাচিয়া জয়ন্তীয়া
পাহাৰ তেওঁৰ ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল বুলি ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি। তেওঁৰ
নাতিয়েক ইন্দ্রপালে (১০৪০-১০৬৫) বংগৰ ৰজাক পৰাস্ত কৰিছিল। তেওঁৰ
পৰৱৰ্ত্তী ৰজা হৰ্যপাল (১০৮০-১০৯৫)ৰ দিনত বিক্রমপুৰৰ বৰ্মণ বংশীয় ৰজা
জাতবৰ্মণে কামৰূপৰ পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি দখল কৰিছিল। কিন্তু কিছুদিন পাছতে
ধর্মপালে (১০৯৫-১১২০) পুণ্ড্রবৰ্দ্ধনৰ ভূমি পুনৰ দখল কৰি দিজ্জিনা বিষয়ত
শ্ৰীৱস্তীৰ এজন ব্ৰাহ্মণক ভূমি দান কৰিছিল।
ধর্মপালৰ ৰাজত্বৰ শেষৰ ফালে খোদিত পুষ্পভদ্ৰ ফলিত তেওঁৰ
ৰাজধানীৰ নাম কামৰূপ নগৰ বুলি উল্লেখ আছে। পালবংশৰ শেষৰজন ৰজা জয়দেৱ পাল
(১১২০-১১৩৮)ৰ ৰাজত্ব কালত গৌড়ৰাজ ৰামপালৰ সেনাপতি ময়নাই ১১২৫ খ্ৰীষ্টাব্দৰপৰা ১১৩০
খ্ৰীষ্টাব্দৰ ভিতৰত কামৰূপ ৰাজ্যৰ পশ্চিম খণ্ড অর্থাৎ পুণ্ড্রবৰ্দ্ধন অধিকাৰ
কৰিছিল আৰু ভিঙ্গদেৱ নামৰ এজন কোঁৱৰক শাসনকৰ্ত্তা পাতিছিল। অৱশ্যে কামৰূপ ৰাজ্যৰ
পূব খণ্ডত জয়দেৱ পালেই ৰজা হৈ আছিল। কিছুদিন পাছতে ভিঙ্গদেৱে বিদ্ৰোহ কৰাত গৌড়ৰ
পৰৱৰ্ত্তী ৰজা কুমাৰ দেৱে তেওঁৰ বিচক্ষণ মন্ত্ৰী আৰু সুদক্ষ সেনাপতি বৈদ্যদেৱক
ভিঙ্গদেৱৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠায়। বৈদ্যদেৱে ভিঙ্গদেৱক পৰাজয় কৰি কামৰূপ
ৰাজ্যৰ পশ্চিম খণ্ডৰ শাসন কৰ্ত্তা হয় আৰু কিছুদিনৰ পাছতে তেওঁ নিজকে স্বাধীন ৰজা
বুলি ঘোষণা কৰি জয়দেৱ পালৰ হাতৰপৰা ১১৩৮ খ্ৰীষ্টাব্দত সমগ্ৰ কামৰূপ ৰাজ্য কাঢ়ি
লয়। ফলত পালবংশৰ ৰাজত্বৰ অন্ত পৰে। বৈদ্যদেৱৰ পাছত ৰায়াৰি দেৱ আৰু উদয়কৰ্ণ
(সম্ভৱতঃ ১১৪৫-১১৭৫)ই কামৰূপত ৰাজত্ব কৰে। উদয়কৰ্ণৰ পাছত বল্লদেৱ কামৰূপৰ ৰজা
হয়। বল্লদেৱৰ
উত্তৰাধিকাৰী সম্বন্ধে বুৰঞ্জী নিমাত।
মুছলমানসকলৰ আগমন আৰু কমতাৰাজ্যৰ উত্থান।
পাল ৰজাসকলৰ দিনতো কামৰূপৰ সীমা পশ্চিমে কৰতোৱা নদীলৈ
বিস্তৃত আছিল। কৰতোৱা নদী বৰ্তমান বাংলাদেশত অৱস্থিত। বৰ্তমান বাংলাদেশৰ বগুৰা
জিলাৰ চিলিমপুৰত পাল ৰজাসকলৰ দিনত খোদিত শিলালিপি উদ্ধাৰ হৈছে।
১২০৬ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজি আৰু ১২২৬ খ্ৰীষ্টাব্দত
চুলতান গিয়াচুদ্দিনে কামৰূপ আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা
আছিল পৃথ্ব। ১২২৮ খ্রীষ্টাব্দত পৃথ্ব নাছিৰুদ্দিনৰ হাতত
পৰাজিত হয়। (এই একে বছৰতে আহোম স্বৰ্গদেউ চুকাফাই কামৰূপৰ সৌমাৰ পীঠ
অধিকাৰ কৰি আহোম ৰাজত্বৰ ভেটি স্থাপন কৰে।) পৃথুৰ পৰাজয়ৰ
পাছত তেওঁৰ বংশৰ দুজন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। এই বংশৰ শেষৰজন ৰজাৰ নাম আছিল
সন্ধ্যাকৰ ৰায়। তেওঁৰ দিনত বংগৰ চুলতান উজবেক তুঘ্ৰিল খাঁই কামৰূপ আক্ৰমণ কৰি
ব্যর্থ হয়। এই
আক্ৰমণৰ পাছত সন্ধ্যাকৰ ৰায়ে তেওঁৰ ৰাজধানী কামৰূপ নগৰৰপৰা কমতাপুৰলৈ
স্থানান্তৰিত কৰে। তেতিয়াৰপৰা কামৰূপ ৰাজ্যৰ নাম কমতা বা কামৰূপ কমতা হয়।
সন্ধ্যাকৰ ৰায়ৰ পাছত যথাক্রমে সিন্ধু ৰায়, ৰূপ নাৰায়ণ আৰু সিংহধ্বজ কামৰূপৰ ৰজা হয়। সিংহধ্বজৰ মন্ত্ৰীপ্রতাপধ্বজে
সিংহধ্বজক হত্যা কৰি কামৰূপৰ সিংহাসন দখল কৰে।
প্ৰতাপধ্বজৰ পাছত তেওঁৰ ভতিজাক ধৰ্ম নাৰায়ণে (১৩২৫-১৩৩০)
বলেৰে সিংহাসন অধিকাৰ কৰি কমতাপুৰৰ সিংহাসনত আৰোহণ কৰে। তেওঁ নিজকে কমতেশ্বৰ বা কামেশ্বৰ
বুলি ঘোষণা কৰিছিল আৰু ৰাজধানী ডিমলালৈ স্থানান্তৰ কৰিছিল। ডিমলাৰ বৰ্তমান নাম
ৰংপুৰ আৰু বাংলাদেশৰ এখন জিলা। ধৰ্ম নাৰায়ণ সিংহাসনত আৰোহণ কৰাৰ কিছুদিন পাছতে
ভূঞাসকলে বিদ্রোহ ঘোষণা কৰে। ভূঞাসকলৰ বিদ্ৰোহৰ সুযোগলৈ সিংহাসনৰ প্ৰকৃত
উত্তৰাধিকাৰী প্ৰতাপ ধ্বজৰ পুতেক দুর্লভ নাৰায়ণে কমতা ৰাজ্যৰ উত্তৰাঞ্চল অধিকাৰ
কৰে আৰু গড়িয়া নামৰ ঠাইত ৰাজধানী স্থাপন কৰে। এই কথাত দুয়ো ভায়েক-ককায়েকৰ
মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু শেষত বিবাদৰ পৰিসমাপ্তি ঘটাই উভয়ে ৰাজ্য ভগাই
লয়। কমতাপুৰ নগৰৰ সৈতে ৰাজ্যৰ উত্তৰ আৰু পূব অংশ দুর্লভ নাৰায়ণৰ ভাগত পৰে আৰু
পশ্চিম অংশ ধৰ্ম নাৰায়ণৰ ভাগত পৰে। দুৰ্লভ নাৰায়ণ (১৩৩০-১৩৫০)ৰ পাছত তেওঁৰ পুতেক
ইন্দ্ৰ নাৰায়ণ (১৩৫০-১৩৬৫) সিংহাসনত বহে।
ইন্দ্ৰ নাৰায়ণৰ পৰৱৰ্ত্তী ৰজাসকলে ৰাজত্ব কৰি থাকোঁতে
নীলধ্বজ নামৰ এজন ভূঞাই পোন্ধৰ শতিকাৰ মাজ ভাগত কামৰূপৰ সিংহাসন অধিকাৰ কৰি কমতা
পুৰত খান বা খেন নামে নতুন ৰাজবংশ প্রতিষ্ঠা কৰে। এই বংশৰে শেষৰজন ৰজা নীলাম্বৰৰ
(১৪৮০- ১৪৯৮) দিনত হোছেন শ্বাহে কমতা ৰাজ্য আক্রমণ কৰি ধ্বংস কৰে। নীলাম্বৰৰ
ৰাজত্ব কালত বংগদেশৰো কোনো কোনো অংশ কমতা ৰাজ্যৰ অন্তৰ্ভূক্ত কৰি লৈছিল আৰু তেওঁ ৰাজধানী
কমতাপুৰৰপৰা ঘোঁৰাঘাটলৈ এটি বিতোপন আলি বন্ধাইছিল। কোঁচবিহাৰ আৰু ভাটিৰ ৰংপুৰৰ
মাজত সেই আলিৰ ভগা-ছিগা অংশ এতিয়াও ৰৈ আছে। এই ভগা-ছিগা অংশই তেওঁৰ জনহিতকৰ কামৰ
স্বাক্ষৰ বহন কৰি আছে। বিশ্বনাথ দাস সম্পাদিত পশ্চিম বংগেৰ পূৰাকৃৰ্ত্তি নামৰ
গ্ৰন্থত কোঁচবিহাৰ চহৰৰপৰা ২২ কিলোমিটাৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত দিনহাটা
মহকুমাৰ অন্তৰ্গত খলিচা গোঁসানীমাৰী গাঁৱত কমতাপুৰ দূৰ্গ অৱস্থিত আছিল বুলি উল্লেখ
আছে। কমতাপুৰ ৰাজ্যৰ ৰাজধানী কমতাপুৰৰ ধ্বংসাৱশেষ এতিয়াও তাত দেখিবলৈ পোৱা যায়।
কমতা নগৰৰ অস্তিত্ব সম্প্রতি মাথোন বিস্তীর্ণ এলেকা ব্যাপী বিয়পি থকা সৰু- বৰ
ঢিপি, ইতস্ততঃ ইটাৰ টুকুৰাৰ মাজত সীমাৱদ্ধ হৈ
আছে। প্রাচীন ইতিহাসৰপৰা জানিবপৰা যায় যে, এটা সময়ত ইয়াৰ
পৰাই উত্তৰ-পূব ভাৰতৰ শাসন কার্য পৰিচালিত হৈছিল। পশ্চিমে কৰতোৱা নদীৰপৰা পূবে
ব্ৰহ্মপুত্ৰ আৰু উত্তৰে ভূটানৰপৰা দক্ষিণে বগুৰালৈ কমতা ৰাজ্যৰ সীমা বিস্তৃত আছিল।
আজিৰপৰা এশ ষোল্ল বছৰ আগতেও স্বতন্ত্র জিলা হিচাপে
জলপাইগুৰিৰ কোনো অস্তিত্ব নাছিল। এই জিলা বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ
অন্তৰ্ভুক্ত আছিল। মহাভাৰতৰ যুগত এই অঞ্চল প্ৰাজ্যোতিষপুৰৰ অন্তৰ্গত আছিল আৰু
ইয়াৰ অধিপতি আছিল কুৰুক্ষেত্ৰ খ্যাত বীৰ ভগদত্ত। (উৎস- বংকিম ৰচনাৱলী ২য় খণ্ড
সাহিত্য সংসদ দ্বাৰা প্ৰকাশিত।)
কোঁচবিহাৰৰ ইতিহাস (প্রণেতা আমানুল্যা খাঁ) ত উল্লেখ আছে যে, এটা সময়ত কামৰূপ ৰাজ্য অতি বৃহৎ আছিল আৰু
ইয়াৰ সীমা পশ্চিমে কৰতোৱালৈ বিস্তৃত আছিল। আধুনিক অসম, মণিপুৰ,
জয়ন্ত্যা, কাছাড়, ময়মন
সিং, শ্রীহট্ট, জলপাইগুড়ি আদি ইয়াৰ
অন্তৰ্ভূক্ত আছিল। কালক্ৰমত এইবোৰ অঞ্চল কমতাপুৰৰ অধীনলৈ আহিছিল। কথিত আছে যে,
কমতা ৰাজ্য পশ্চিমে কৰতোৱা আৰু পূবে বৰনদী আৰু উত্তৰে ভূটানলৈকে
বিস্তৃত আছিল। পাছত এই অঞ্চল কোঁচবিহাৰৰ অধীনলৈ আহিছিল। কমতা ৰাজ্যৰ ধ্বংসাৱশেষৰ
বুকুত ষোড়শ শতাব্দীৰ আগভাগত অর্থাৎ ১৫১৫ খ্ৰীষ্টাব্দত বিশ্বসিংহই (১৫১৫-১৫৪০)
কোঁচৰাজ্য প্রতিষ্ঠা কৰে। বিশ্বসিংহৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক নৰনাৰায়ণ
(১৫৪০-১৫৮৪) সিংহাসনত আৰোহণ কৰে। নৰনাৰায়ণ কোঁচৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল।
নৰনাৰায়ণৰ শ্ৰেষ্ঠত্বৰ মূলতে আছিল তেওঁৰ ভ্ৰাতৃ চিলাৰায়।
চিলাৰায়ৰ সহায়ত নৰনাৰায়ণে আহোমসকলক পৰাজয় কৰি অপমানজনক সন্ধি কৰিবলৈ বাধ্য
কৰাইছিল। কছাৰী, মণিপুৰ, জয়ন্তীয়া,
ত্ৰিপুৰা আদি ৰাজ্য ইখনৰ পাছত সিখনকৈ জয় কৰি চিলাৰায়ে কোঁচৰাজ্যৰ অন্তৰ্ভূক্ত
কৰিছিল। ময়মন সিং, ৰংপুৰ, বণ্ডুকা (এই
বণ্ডুকাতে মহাপুৰুষ মাধৱ দেৱৰ ভ্ৰাতৃ দামোদৰদেৱ জন্ম গ্ৰহণ কৰিছিল।) আদি কোঁচৰাজ্যৰ অন্তর্ভূক্ত আছিল। এই সমগ্ৰ অঞ্চলৰ লগত উজনি কামৰূপৰ
বেহা-বেপাৰ চলিছিল। কোঁচৰাজ্যৰ নামনিৰ প্ৰজা সাধাৰণ উজনিলৈ আৰু উজনিৰ প্ৰজা সাধাৰণ
নামনিৰ উত্তৰ বংগ, ৰংপুৰ
আদি ঠাইলৈ আন্তঃপ্ৰব্ৰজন কৰি বসবাস কৰিছিল। মাহপুৰুষ মাধৱ দেৱৰ ভ্ৰাতৃৰ বণ্ডুকাত জন্ম
গ্রহণে এই কথাৰ সত্যতাকে প্রমাণ কৰে। ইয়াৰ উপৰিও ভূঞাসকলৰ লগত কোঁচ ৰজাৰ গোপন
আনুগত্য থকাৰ সন্দেহত আহোম ৰজাই ভূঞাসকলৰ ওপৰত খড়্গ হস্ত হোৱাত ৰাজৰোষৰপৰা
পৰিত্ৰাণ পাবলৈ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰ দেৱ কোঁচবিহাৰলৈ পলাই যাব লগা হোৱা
ঘটনায়ো উজনি আৰু নামনিৰ মাজত যোগসূত্ৰ থকাৰ কথাকে প্রমাণ কৰে।
চিলাৰায়ে অৱশেষত গৌড় আক্ৰমণ কৰি পৰাজিত হৈ গৌড়ৰ নবাবৰ
হাতত বন্দী হয়। তেওঁ বন্দী হৈ থাকোঁতেই গৌড়ৰ নবাবৰ মাকক সাপে দংশন কৰে আৰু
চিলাৰায়ে চিকিৎসা কৰি নবাবৰ মাকক আসন্ন মৃত্যুৰ হাতৰপৰা ৰক্ষা কৰে। কৃতজ্ঞতাৰ
চিহ্ন স্বৰূপে নবাবে তেওঁক বন্দীদশাৰ পৰা মুক্ত কৰি দিয়ে। ১৫৭৫ চনত আকবৰে গৌড়
আক্রমণ কৰে। এই ছেগতে আগৰবাৰৰ পৰাজয়ৰ পোটক তুলিবলৈ চিলাৰায়ে পূবফালৰপৰা গৌড়
আক্রমণ কৰে। কিন্তু যুদ্ধত ব্যস্ত থকা অৱস্থাতে বসন্ত ৰোগত আক্ৰান্ত হৈ তেওঁ
মৃত্যু বৰণ কৰে।
চিলাৰায়ৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক ৰঘুদেৱে নৰনাৰয়ণৰ
বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰে। ফলত নৰনাৰায়ণে ১৫৮১ খ্ৰীষ্টাব্দত কোঁচ ৰাজ্য দুভাগ
কৰি সোণকোষ নদীলৈকে নিজে ৰাখি সোণকোষৰ পূবৰ অংশ ৰঘুদেৱক এৰি দিয়ে। নৰনাৰয়ণৰ
মৃত্যুৰ পাছত দুয়োখন ৰাজ্যৰ মাজত পুনৰ ঘৰুৱা কন্দল আৰম্ভ হয়। ফলত তেতিয়াৰ
কোঁচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণে সোণকোষৰ পূবফালৰ অংশৰ ৰজা বলিনাৰায়ণক এসেকা দিবলৈ
সংকল্প লয় আৰু নিজৰ শক্তি বৃদ্ধি কৰিবৰলৈ মোগলৰ বশ্যতা স্বীকাৰ কৰে। ফলত ১৬১৫
খ্ৰীষ্টাব্দত কোঁচ-হাজো মোগলৰ হস্তগত হয় আৰু যুদ্ধত হাৰি বলিনাৰায়ণে স্বৰ্গদেউ
প্রতাপ সিংহ (১৬০৩-১৬৪১)ৰ শৰণাপন্ন হয়। প্রতাপ সিংহৰ সহায়ত বলিনাৰায়ণে মোগলৰ
হাতৰপৰা ভৰলী আৰু বৰনদীৰ মাজৰ অঞ্চল মোগলৰ হাতৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ১৬১৬
খ্রীষ্টাব্দত প্রতাপ সিংহই বলিনাৰায়ণক ধৰ্মনাৰায়ণ নাম প্ৰদান কৰি উক্ত ভূখণ্ডৰ
কৰতলীয়া ৰজা পাতে। তেতিয়াৰপৰাই দৰঙৰ কোঁচ ৰাজবংশৰ উৎপত্তি হয় আৰু এই ঘটনাৰ পৰাই
আহোমসকল মোগলৰ লগত প্ৰত্যক্ষ সংগ্ৰামত লিপ্ত হয়। এই সংঘৰ্ষ প্রায় সোতৰ শতিকা
ব্যাপী অব্যাহত আছিল। অৱশেষত দুয়োপক্ষ ভাগৰি পৰে আৰু ১৬৩৯ খ্ৰীষ্টাব্দত এক সন্ধি
যোগে ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলিলৈকে সীমা কৰি মোগলসকল কোঁচ
ৰাজ্য এৰি গুচি যায়।
মোগলৰ লগত সন্ধি হোৱাৰ পাছত প্ৰতাপ সিংহই পূবে চুটীয়া আৰু
কছাৰী ৰাজ্য অধিকাৰ কৰি পশ্চিমে কমতা ৰাজ্যৰ অধীনত নথকা ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ
অঞ্চলসমূহ নিজৰ অধীনলৈ আনি আহোম ৰাজ্যৰ ভেটি সুদৃঢ় কৰে।
পদ্মনাথ গোহাঞি বৰুৱা দেৱে অসমৰ বুৰঞ্জীত আহোম ৰাজ্যৰ সীমা
সম্পর্কে এইদৰে উল্লেখ কৰিছে- পিচে, মুছলমান ৰজাই কনচেং ডাঙৰীয়াৰ বিক্ৰমৰ আগত সৰহ পৰ তিষ্ঠিব নোৱাৰি ফিঙতি
ওফৰাদি ওফৰি পৰিবলৈ ধৰিলে। সদৌ শেষত কনচেং ডাঙৰীয়াই তুৰ্ব্বকৰ মুৰ কাটি হাতত ল'লে আৰু পাঠানসকলক কৰতোৱা নৈ পাৰ কৰি খেদি থ’লেগৈ ৷
স্বৰ্গদেউ চুহুমুং অথাৎ স্বৰ্গ নাৰায়ণৰ ৰাজত্ব কালত ১৫৩২ চনত এই ৰণ হৈছিল।
The kingdom of Assam was at an earlier period flourishing
and powerfully and capable of sending forth an Army of four hundred thousand men
that the kingdom of Bhootan and Nepal were subdued by the monarch of Assam. Who
extended their conquests to the bank of the Ganges by the capture of Gour and
that Tripura. Coosbehar And the Countries to the East of Corotia river formed a
part of their Dominions. (Source: Introduction to the Author to the History of
the Ahom kingdom by Jhon Peter Wade.)
উপৰোক্ত ভাষ্যয়ো আহোম ৰাজ্যৰ সীমা বংগদেশলৈকে বিস্তৃত থকাৰ
কথা প্রমাণ কৰে।
হেমচন্দ্র গোস্বামীয়ে সম্পাদনা কৰা দৰং ৰাজবংশাৱলীৰ ১৪৯-৫০
পৃষ্ঠাত আহোম ৰাজ্যৰ সীমা সম্পর্কে এটি কবিতা আছে। পাঠকৰ জ্ঞাতার্থে কবিতাটো
উদ্ধৃত কৰা হ'ল-
শুনিয়োক মহামতি পাচে স্বৰ্গ নৰপতি
বোলে ভাই ধৰ্মনাৰায়ণ।
বাঙ্গালক মাৰি যাই কৰতোৱা গংগা পাই
তবে খাণ্ডা কৰিবো ক্ষালন।।
ৰাজ্য দিলো আজি ধৰি চতুৰ্দিশ সীমা কৰি
সত্যে সত্যে কৈলোহো নিশ্চয়।
পূবত ভৈৰৱী দেৱী পশ্চিমে কৰ্ত্তিয়া নদী
যাক সেৱি নৰে মুক্ত হয়।।
উত্তৰে গামৰি গিৰি
দক্ষিণে পৰ্বত চিৰি
এহি চতুৰ্হদে দিলো ভূমি।
উৎসর্গিলো তিলেকুশে ভূঞ্জিবাহা মহাসুখে
সত্যে সত্যে ভূঞ্জিবাহা তুমি।।
অসমেও খেদি যাই বাঙ্গালক লগ পাই
কৰিলন্ত ধূমাজয় ৷
গোসাঁনীৰ প্ৰসাদত অসম উনমত্ত
বাঙ্গালৰ সৈন্য ভৈলা ক্ষয়৷৷
বাঙ্গালেও ভঞ্জ হৈ থানা এৰি পলাই গৈ
কৰ্ত্তিয়া গংগা হৈলা পাৰ।
অসমেও খেদি যাই কৰতোৱা গংগা পাই
খাণ্ডা সব ধুইলা বাৰম্বাৰ।।
এয়া বলি নাৰায়ণৰ পুতেক সুন্দৰ নাৰয়ণৰ দিনৰ অৰ্থাৎ ১৬৩৮
চনৰ ঘটনা।
‘শোণিতপুৰ জিলাৰ ইতিহাসত’ এভূমুকি নামৰ গ্ৰন্থত শ্ৰী তৰুণ দাসে লেখিছে যে, আহোমসকলে
সেই সময়ৰ সৌমাৰপীঠৰপৰা মুং- ডুন-চুণ-খাম (সোণোৱালী বাগিছাৰে ভৰপূৰ দেশ) ৰাজ্যখন
সম্প্ৰসাৰণ কৰাৰ সময়ত পশ্চিম ফালৰপৰা মুছলমানসকলে মুছলিম সাম্ৰাজ্যৰ সীমা পূবলৈ
আগুৱাই আনি বংগদেশৰ কোঁচবিহাৰ পৰ্যন্ত মুছলিম সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰিছিল আৰু
নৈষ্টিক হিন্দুসককলে মুছলিম সাম্ৰাজ্যৰ অধীনলৈ যোৱাতকৈ স্বৰ্গদেউসকলৰ বশ্যতা
স্বীকাৰ কৰাই শ্রেয় বুলি ভাবিছিল। সেয়েহে হিন্দু প্রজাসকলৰ সহযোগিতাত আহোম
ৰাজ্যৰ সীমা কৰতোৱা নদীলৈ বিস্তৃত হৈছিল। এই কথাৰপৰা এইটো অনুমান কৰিবলৈ অসুবিধা
নহয় যে, প্রাচীন প্রাজ্যোতিষ-কামৰূপৰ ভূমিত গঢ়লৈ উঠা আহোম
সাম্রাজ্য আৰু গংগা নদীৰ পূব পাৰৰ মোগল অধিকৃত অঞ্চলৰ অধিকাংশ মানুহ পোন্ধৰ-ষোল্ল
শতিকালৈ হিন্দু আছিল। পাছতহে ধৰ্মান্তৰিত হৈ তেওঁলোক মুছলমমান হৈছিল। এই
ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া নবাব মুর্ছিদকুলী খাঁৰ দিনত অধিক পৰিমাণে সংঘটিত হৈছিল
বুলি ক'ব পাৰি। কাৰণ মুর্ছিদকুলী খাঁ নিজেও হিন্দুৰ পৰা
ধৰ্মান্তৰিত হৈ মুছলমান হৈছিল।
পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জীতো প্রাচীন
প্ৰাগজ্যোতিষ-কামৰূপৰ সীমা সম্পর্কে তথ্য পোৱা যায়। তেওঁ লেখিছে যে, চতুর্থ শতিকাৰ আৰম্ভণীত সংকল নামেৰে এজন
ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। তেওঁ কামৰূপৰ অধিবাসী আছিল। সংকল ৰজাই নানা ফালে দিগ্বিজয়
কৰি ফুৰিছিল। তেওঁৰ দিনত আৰ্যাৱৰ্তত কেদাৰ নামে এজন ব্ৰাহ্মণ প্রবল প্রতাপী হৈ
উঠিছিল। সংকলে প্ৰথমতে বেহাৰ আৰু ভগীৰথীৰ পূব পাৰৰ দেশবোৰ জয় কৰি তাৰ পাছত বহু
সংখ্যক সৈন্য-সামন্তলৈ কেদাৰ ব্ৰাহ্মণক আক্ৰমণ কৰে। ফলত দুয়ো পক্ষৰ মাজত ঘোৰতৰ
যুদ্ধ হয়। কে’বাবাৰো ভীষণ ৰূপে ঘাটি সদৌ শেষত কেদাৰ
ব্ৰাহ্মণ সংকলৰ শৰণাপন্ন হয়। এইদৰে দিগ্বিজয় কৰি ফুৰোঁতেই শেহান্তৰত সংকল
চিৰিয়াৰ ৰজা আফ্ৰাছিয়াৰৰ দ্বাৰা আক্রান্ত হয়। প্ৰথমতে সংকলে কে’বাবাৰো আফ্ৰছিয়াৰৰ আক্ৰমণ ওফৰাই পেলাইছিল।তাৰ ভিতৰত ঘোঁৰাঘাটত লগা যুদ্ধই
প্রধান আছিল। এই যুদ্ধত সম্পূৰ্ণৰূপে পৰাজিত হৈ সংকল আফ্ৰাছিয়াৰৰ হাত বন্দী হয়।
সংকলে গৌড় নগৰ স্থাপন কৰি তাত ৰাজধানী পাতিছিল। সংকলৰ
আমোলত বংগদেশ কামৰূপৰ অধীনত আছিল।
হিউয়েন-চাঙৰ ভাৰত ভ্ৰমণ টোকাত কামৰূপ সম্পর্কে এই দৰে
বৰ্ণণা কৰিছে- কামৰূপ ৰাজ্যৰ বিস্তৃতি ৮৩৭৫ লি (১৬৭৫ মাইল)। ৰাজধানী
প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি ৩০ লি (৬ মাইল)। ৰাজধানীৰপৰা সীমান্তলৈ যাওঁতে দুমাহ
লাগে। বাট বৰ দুৰ্গম। এই ৰাজ্যৰ ভূমি চাপৰ আৰু সাৰুৱা। কল, কঁঠাল, নাৰিকল প্ৰচুৰ
পৰিমাণে পোৱা যায়। ইয়াৰ অধিবাসীবিলাক তাম বৰণীয়া, চকলা
মুৱা, বৰ বলী আৰু ভীমাকৃতিৰ। কিন্তু সিবিলাকৰ চৰিত্ৰ অতি
উত্তম আৰু বিদ্যাৰ প্ৰতি অনুৰাগ প্রবল।
হিউয়েন-চাঙৰ এই বর্ণনাৰ পৰা কামৰূপ ৰাজ্যৰ বিস্তৃতি
সম্পৰ্কে এটা ধাৰণা কৰিব পাৰি। সীমান্তলৈ যাওঁতে দুমাহ সময় লাগে মানে বাট-পথ
যিমানেই দুর্গম নহওঁক কিয় দিনে অন্ততঃ ১০ মাইল বাট খোজ কাঢ়িব পাৰিছিল। ইয়াৰপৰা
কামৰূপৰ সীমা বংগদেশৰ গংগা নদীৰ
পাৰলৈ বিস্তৃত থকাৰ যি তথ্য আছে তাকে সঠিক প্রতিপন্ন কৰে। মানুহ বিলাকৰ যি
বৰ্ণণা দিছে সেই সকল, বাগ্দী,
চাড়াল, কৈৱৰ্ত্ত আদি নীহ কুলীয়া মানুহ আছিল
বুলি অনুমান কৰিব পাৰি। মুছলমান শাসন কালত এইসকল মানুহেই ইচলাম ধৰ্মলৈ ধৰ্মান্তৰিত
হৈছিল বুলি ধাৰণা কৰিব পাৰি।
শ্ৰী ধীমান চক্ৰৱৰ্ত্তীয়ে উত্তৰ কূল নামৰ গ্ৰন্থত উল্লেখ
কৰিছে যে, ৰুদ্ৰ সিংহ (১৬৯৬–১৭১৪)ৰ
ৰাজত্ব কাল কে’বাটাও বিষয়ত বৈশিষ্টপূর্ণ আছিল। প্রথমতে
এইজনা স্বৰ্গদেৱে বৃহত্তৰ অসমৰ সপোন দেখিছিল আৰু ভাস্কৰ বৰ্মণৰ দিনৰপৰা প্ৰতিষ্ঠিত
হোৱা কামৰূপ ৰাজ্যৰ সীমা
বিদেশী মুছলমানসকলৰ আক্ৰমণৰ ফলত কালৰ সোঁতত ভালেখিনি সংকুচিত হৈছে বুলি
উপলব্ধি কৰিছিল। সেয়ে তেওঁ কৰতোৱাৰ পাৰলৈ দেশ উদ্ধাৰ কৰিবলৈ আঁচনি কৰিছিল। উত্তৰ
কূলৰ বুকুৰপৰা স্বৰ্গদেৱে এই অভিযানৰ পূৰ্ণ আয়োজন কৰিছিল আৰু উত্তৰ কূলৰ
প্ৰজাসাধাৰণেও তেওঁৰ এই অভিযানত সঁহাৰি জনাইছিল। বিদেশী আক্রমণকাৰীৰ হাতৰপৰা
মাতৃভূমি উদ্ধাৰৰ বাবে জাতি-ধর্ম নির্বিশেষে সহযোগিতা আগবঢ়াইছিল আৰু আহোম ৰাজ্যৰ
সীমা কৰতোৱালৈ বিস্তৃত কৰিছিল। মুছলমানৰ আগ্ৰাসনৰ ফলত কালৰ সোঁতত প্রাচীন
প্ৰাগজ্যোতিষ- কামৰূপৰ পুণ্ড্ৰবৰ্দ্ধনৰ ভূমি মুছলমানৰ হাতলৈ গৈছিল আৰু
প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিৰপৰা বিচ্ছিন্ন হৈ বংগৰ লগত যুক্ত হৈ পৰিছিল। ১৮২৬ চনৰ
ইয়াণ্ডাবু সন্ধিৰ পাছত প্ৰাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ অৰ্বাচীন অসমৰ ভূমিভাগ বংগৰ
লগত যুক্ত হৈ পৰিছিল। ব্ৰিটিচসকলৰ মতে প্রশাসনিক সুবিধা আৰু বৰ্ণ হিন্দুসকলৰ মতে
ভাৰতৰ স্বাধীনতা আন্দোলনক দুৰ্বল কৰাৰ কাৰণে ১৯০৫ চনত বংগক দুভাগ কৰি পূৰ্ব বংগ
আৰু পশ্চিম বংগ নামেৰে বিভাজন কৰা হৈছিল আৰু অসমক পূৰ্ববংগৰ লগত সাঙুৰি দিয়া
হৈছিল।
আৰ, এচ,
এচৰ দ্বাৰা সম্পাদিত ভাৰতীয় ইতিহাসত এভূমুকি নামৰ গ্ৰন্থত বংগ
বিভাজন সম্পর্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গ্ৰন্থখনত উল্লেখ আছে যে, ত্রয়োদশ শতিকাৰপৰা অষ্টাদশ শতিকালৈ ভাৰতৰ অধিকাংশ প্ৰদেশৰ শাসক মুছলমান
আছিল। সেয়ে মুছলমানসকলক শাসন কার্যত অংশ গ্রহণ কৰিবলৈ সুযোগ দিয়াৰ কাৰণে
ব্ৰিটিচসকলে ১৯০৫ চনৰ ১৬ অক্তোবৰত বংগ বিভাজন কৰিছিল। অসম, বংগ, বিহাৰ, উৰিষ্যা
সেই সময়ত বংগ প্ৰদেশৰ অন্তৰ্গত আছিল। এই বৃহৎ আয়তনৰ বাবে শাসন কার্য চলোৱা অতি
কষ্টসাধ্য আছিল। সেয়ে বৰলাট কাৰ্জনে বংগ বিভাজন কৰাটো উচিত বুলি নিজৰ স্বপক্ষে
যুক্তি দৰ্শাইছিল।
ইয়াৰপৰা এইটো স্পষ্ট হৈ পৰে যে, মাথোন প্রাচীন কালতে নহয়; বৰং ব্রিটিচ শাসন কালতো অসম আৰু বংগ একেলগে আছিল। পাৰ্থক্য মাথোন এইটোৱে
আছিল যে, প্রাচীন কালত বংগ কামৰূপৰ অন্তৰ্গত আছিল আৰু
ব্ৰিটিচৰ শাসন কালত প্রাচীন কামৰূপৰ ভূমিভাগ অসম নামেৰে বংগৰ অন্তৰ্ভূক্ত হৈছিল।
অসমৰ বুৰঞ্জীত উল্লেখ আছে- ১৯০২ চনৰ এপ্ৰিল মাহত ৰাজকীয় কামৰপৰা মেলানি লোৱাৰ অভিপ্রায়েৰে
কটন চাহাবে ছুটীলৈ যোৱাত অনাবেল মিষ্টাৰ জে, বি (পাছত
বেমফিল্ড) ফুলাৰ চাহাবে অসমৰ চীফ কমিচনাৰ হিচাপে শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু
তেওঁৰ শাসন কালতে চট্টগ্রাম, ঢাকা, ময়মন
সিং, ৰাজশাহী, দিনাজপুৰ, মালদহ, জলপাইগুড়ি প্রভৃতি বিভাগ আৰু আন কেইখনমান
জিলা বংগৰপৰা বিচ্ছিন্ন কৰি ১৯০৫ চনৰ ১৬ অক্তোবৰত পূৰ্ববংগ আৰু অসম নামেৰে এখন
নতুন প্রদেশ সৃষ্টি কৰে। এই নতুন প্ৰদেশখন দুৱলীয়া লাট বা লেফ টেনেণ্ট গৱৰ্ণৰৰ
শাসনত ৰখা হয়। এই নতুন প্ৰদেশ মাথোন ছবছৰহে স্থায়ী হৈছিল। উচ্চবিত্ত আৰু
মধ্যত্তি বাঙালী হিন্দুৰ বংগ বিভাজন বিৰোধী আন্দোলনৰ ফলত ১৯১১ চনৰ ১২ ডিচেম্বৰত
বংগ ভংগ ৰদ কৰা হয়। কিন্তু পূর্ব বংগ নামটো ৰৈ যায় । এই পূর্ব বংগৰপৰাই
ধর্মান্তৰিত বাঙালী মুছলমান আৰু বাঙালী হিন্দু ব্ৰিটিচৰ পৃষ্ঠপোষকতাত অসমলৈ
আন্তঃপ্ৰব্ৰজন কৰে।
কনকলাল বৰুৱাই প্ৰভাত চন্দ্ৰ অধিকাৰীলৈ ২৮-০৭-৩৭ তাৰিখে
লেখা এখন চিঠিৰপৰা কামৰূপ আৰু বংগৰ সম্বন্ধৰ বিষয়ে জানিব পাৰি। ১৯৩৭ চনৰ প্ৰথম
ভাগত Indian culture নামৰ এখন গ্ৰন্থত N.N.
Dasgupta নামৰ এগৰাকী নৃতত্ত্ববিদে ‘কামৰূপৰ
ৰজাৰ তলত বংগদেশ’ নামৰ এটি প্ৰৱন্ধত লেখিছিল- ‘কুমাৰ ভাস্কৰ বৰ্মণে ৬০০ খ্ৰীষ্টাব্দত কৰ্ণসুবৰ্ণ অধিকাৰ কৰা দিনৰেপৰা ৭৫০
খ্রীষ্টাব্দলৈ হর্ষবৰ্দ্ধনৰ মৃত্যুৰ সময়লৈকে গোটেইখন বংগদেশ কামৰূপৰ ভিতৰুৱা
আছিল।' বুৰঞ্জীবিদ কণকলাল বৰুৱাই লেখকৰ এই বক্তব্য সমর্থন কৰিছে।
এই তথ্য মানি লোৱাৰ যুক্তিও আছে। আজি-কালি বাংলাদেশ আৰু পশ্চিম বংগত যি বঙ্গাব্দ
প্রচলিত আছে সেয়া ভাস্কৰ বৰ্মণৰ ৰাজত্বকাল ৫৯৪ খ্ৰীষ্টাব্দৰপৰাহে প্ৰকৃততে গণনা
কৰা হয়।
প্ৰাগজ্যোতিষ-কামৰূপৰ
অধিবাসীসকল।।
প্রাচীন প্ৰাগজ্যোতিষ আৰু কামৰূপ ৰাজ্যৰ শাসক আৰু ৰাজ্যৰ
বিস্তৃতি সম্বন্ধে ইতিহাসবিদ আৰু সমালোচকৰ সৰ্বজন স্বীকৃত সিদ্ধান্তৰ বিষয়ে আগৰ
অধ্যায়ত আলোচনা কৰা হৈছে। এতিয়া প্ৰাগজ্যোতিষ-কামৰূপত কোন কোন জনগোষ্ঠীৰ লোক
বসবাস কৰিছিল আৰু তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী, সংস্কৃতি, ধৰ্মীয় বিশ্বাস, পৰম্পৰা
আদিৰ বিষয়ে ইতিহাসবিদে আগবঢ়োৱা মতামত আৰু সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি আলোচনা
কৰাৰ কাৰণে প্ৰয়াস কৰা হ’ব আৰু এই বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি পাঁচ ছয় হাজাৰ বছৰ আগলৈ গুচি যাব লাগিব। ইতিমধ্যে সুনীতি কুমাৰ
চট্টোপাধ্যায়ৰ লেখনিৰ জৰিয়তে এই বিষয়ে কিছু কথা আলোচনা কৰা হৈছে। এতিয়া বেলেগ
ইতিহাসবিদ আৰু নৃতত্ত্ববিদৰ মতামত আৰু সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি এই সম্পৰ্কে
আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ব।
নৃতত্ত্ববিদসকলে নেগ্রেটো, অষ্ট্ৰিক, দ্রাবিড় আৰু কিছু পৰকিছু
পৰিমাণে আর্যজাতিৰ সংমিশ্ৰণত বাঙালী জাতিৰ উৎপত্তি হৈছে বুলি তথ্য ভিত্তিক মতামত
আগবঢ়াইছে। আবিদ হুছেইনে ‘ভাৰতীয় সংস্কৃতি’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, খ্ৰীষ্টপূর্ব ১৫০০ ত
দক্ষিণত যেতিয়া দ্রাবিড়ী সভ্যতাই উৎকর্ষ লাভ কৰিছিল তেতিয়া উত্তৰ-পশ্চিমৰ
সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংসৰ পৰৱৰ্ত্তী অন্ধকাৰ যুগ শেষ হৈ আহিছিল আৰু তেতিয়াই
প্ৰব্ৰজনকাৰী আৰ্যসকলে উত্তৰ পশ্চিম ভাৰতত জীৱনী শক্তিপূর্ণ এক সাংস্কৃতিক ভেটি
স্থাপন কৰিছিল।
আৰ্যসকলে উত্তৰ পশ্চিম গিৰিপথেদি ভাৰতত প্রবেশ কৰি
পূৰ্বপঞ্জাৱৰ যমুনা আৰু শতদ্ৰ নদীৰ মাজৰ ভূ-খণ্ডত থিতাপিলৈ বৈদিক সংস্কৃতিৰ সূচনা
কৰে ৷ তেওঁলোকৰ ধৰ্মীয় ও সাংস্কৃতিক জীৱন ঋক্বেদৰ দ্বাৰা প্ৰভাৱিত আছিল।
খ্ৰীষ্টপূর্ব ১৫০০ ৰপৰা ১০০০ লৈ আৰ্যসকল উক্ত ভূ-খণ্ডত বাস কৰাৰ পাছত ক্ৰমশঃ পূৰ্ব
অভিমুখে অগ্ৰসৰ হয় আৰু ক্ৰমে দোৱাব অঞ্চললৈ বিস্তৃত হৈ পৰে। দোৱাব অঞ্চলত তেতিয়া
এক শ্ৰেণীৰ মানুহ বসবাস কৰিছিল আৰু আৰ্যসকলে তেওঁলোকক দস্যু বুলি অভিহিত কৰিছিল।
দস্যু বুলি অভিহিত কৰা এই মানুহবিলাকেই আছিল নেগ্রেটো, অষ্ট্ৰিক আৰু দ্ৰাবিড়ৰ সংমিশ্ৰণত গঢ়লৈ
উঠা জাতিগোষ্ঠীৰ লোক।
নিজৰ প্ৰভূত্ব বিস্তাৰ কাৰণে আৰ্যসকলে স্থানীয় অধিবাসীসকলৰ
লগত যুদ্ধ-বিগ্ৰহত লিপ্ত হৈ পৰে। কিন্তু তেওঁলোকে এই স্থানীয় আদিবাসীসকলক পৰাভূত
কৰিব নোৱাৰিলে। ফলত দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে অৱশেষত যুদ্ধ বিগ্রহ
পৰিত্যাগ কৰি শান্তিপূর্ণ জীৱন যাপন কৰিবলৈ তেওঁলোকে সুস্থিৰ পৰিবেশ সৃষ্টিৰ বাবে
স্থানীয় আদিবাসীসকলৰ সামাজিক ব্যৱস্থাৰ লগত অন্তৰ্লিপ্ত হোৱাৰ প্রয়াস চলালে।
কিন্তু এইখিনিতে তেওঁলোকে সতর্কতাও অৱলম্বন কৰিলে। দস্যুৰ তেজৰ লগত যাতে আৰ্য তেজৰ
সংমিশ্ৰণ হ’ব নোৱাৰে তাৰ বাবে
তেওঁলোকে আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিলে। ফলত তেওঁলোকে আদিবাসীসকলক বেলেগে
চিহ্নিত কৰিবলৈ দস্যু নামৰ এক পৃথক শ্ৰেণীত ভাগ কৰি সমাজত নিম্নতম স্থান দিলে আৰু
তেওঁলোকৰ লগত আৰ্যজাতিৰ বিবাহ নিষিদ্ধ কৰিলে। পৰৱৰ্ত্তী পৰ্যায়ত তেওঁলোকে আন কে’বাটাও শ্ৰেণীৰ সৃষ্টি কৰিলে। (১) ক্ষত্রিয় (শাসক অর্থাৎ যোদ্ধা শ্ৰেণী)
(২) ব্ৰাহ্মণ (পুৰোহিত শ্রেণী) (৩) বৈশ্য (বেপাৰী শ্রেণী) (৪) শূদ্র (কৃষক
শ্রেণী)। এইদৰে শ্রেণী বিভাজন কৰি আৰ্যসকলে বংশানুক্রমিক জাতি ব্যৱস্থা গঢ়ি
তুলিলে আৰু এটা জাতিৰ লগত আন এটা জাতিৰ পাৰস্পৰিক বিবাহ নিষিদ্ধ কৰিলে। এই খিনিতে
স্পষ্ট ভাবে ক’ব পাৰি যে, নেগ্ৰেটো,
অষ্ট্ৰিক আৰু দ্ৰাবিড় তেজৰ সংমিশ্ৰণত গঢ়লৈ উঠা জনগোষ্ঠীকে শূদ্র
নামেৰে নামকৰণ কৰা হৈছিল। পৰৱৰ্ত্তী পৰ্যায়ত অৱশ্যে মানবিক কাৰণত আৰ্যতেজৰ লগত
কিছু দ্ৰাবিড় তেজৰ সংমিশ্ৰণ হৈছিল আৰু তাৰ পৰাই বাঙালী জাতিৰ উৎপত্তি হৈছিল বুলি
অনুমান কৰা হয়।
আগতেই কৈ অহা হৈছে যে, অষ্ট্ৰিক আৰু দ্ৰাবিড়সকল মূলতঃ কৃষিজীৱী আছিল আৰু নেগ্ৰেটোসকলো এই দুই
জাতিৰ লগত সংমিশ্রণহৈ কৃষিজীৱী হৈ পৰিছিল। গতিকে কৃষিৰ বিষয়ে থকা দক্ষতালৈ চাই
প্ৰাগজ্যোতিষপুৰীয়া মূলৰ বাঙালী নিম্নবৰ্ণৰ হিন্দু আৰু ধৰ্মান্তৰিত মুছলমানসকল যে
উপৰোক্ত তিনি জাতিগোষ্ঠীৰ সংমিশ্ৰণত গঢ়লৈ উঠা তথাকথিত শূদ্র জাতিৰ লোক এই বিষয়ে
সন্দেহৰ অৱকাশ নাই। মাথোন বাঙালী নিম্নবৰ্ণৰ হিন্দু আৰু ধৰ্মান্তৰিত মুছলমানসকলেই
নহয়, সম্প্রতি অসমত বসবাস কৰি থকা কৈৱৰ্ত্ত আৰু দাস উপাধিৰ
সৰহ সংখ্যক লোকেই যে আৰ্য সৃষ্ট শূদ্ৰ জাতিৰ অন্তৰ্ভূক্ত আছিল এই বিষয়েও সন্দেহৰ
অৱকাশ নাই।
কাৰণ নৃতাত্ত্বিক দিশৰ লগতে আচাৰ-আচৰণৰ ফালৰপৰা সম্প্ৰতি
অসমত বসবাস কৰি থকা প্ৰাগজ্যোতিষপুৰীয়া মূলৰ বাঙালী হিন্দু আৰু ধৰ্মান্তৰিত
মুছলমানৰ লগত স্থানীয় কৈৱৰ্ত্ত আৰু দাস উপাধিৰ মানুহৰ যথেষ্ট মিল থকা পৰিলক্ষিত
হয়। শাৰীৰিক তথা চকু-নাক-চুলি গঠনৰ লগতে বহু আচাৰ-পৰম্পৰাৰ ফালৰপৰা উভয়
জাতিগোষ্ঠীৰ মাজত অদ্ভুত সাদৃশ্য দেখা যায়। ভাষাৰ ক্ষেত্ৰতো কিছু শব্দৰ অমিলৰ বাহিৰে
বহু শব্দৰ সাদৃশ্য আছে। যিখিনি পার্থক্য দেখা যায় সেয়া মাথোন ভৌগোলিক পার্থক্যৰ
বাবেহে হোৱা বুলি অনুমান কৰিব পাৰি। মানৱ সমাজ, প্রজাতি, প্রগতি নামৰ গ্ৰন্থত মিখাইল নেস্তুৰ্গে
উল্লেখ কৰিছে যে, একে ভাষা-ভাষী জনগোষ্ঠী একে জাতিৰ
অন্তৰ্ভূক্ত নহ'বও পাৰে আৰু সাধাৰণ নিয়মানুসাৰে সিহঁত
একাধিক নৃ-বৰ্ণৰ সমষ্টি। দৃষ্টান্ত স্বৰূপে তেওঁ জার্মানিৰ ছয়টা বৰ্ণৰ কথা উল্লেখ
কৰিছে।
আফ্ৰিকাৰ নিগ্রোয়েডসকল উত্তৰ আমেৰিকাত ইংৰাজী আৰু দক্ষিণ
আফ্ৰিকাত স্পেনিচ ভাষা ব্যৱহাৰ কৰে। সেয়েহে একেই জাতিৰ মানুহ যেতিয়া বিভিন্ন
জনগোষ্ঠী আৰু ৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত হয় তেতিয়া সিহঁত নানা ভাষাত কথা কয়।
এইবোৰ তথ্যাদিৰপৰা অনুমান কৰা হয় যে, ভাষা জাতি নিৰ্ভৰ নহয, পৰিৱেশ আৰু পৰিস্থিতি
নিৰ্ভৰহে। ভাষা সম্পূৰ্ণৰূপে সমাজ বিকাশৰ ওপৰত নিৰ্ভৰশীল আৰু জনগোষ্ঠীৰ বিকাশৰ
ধাৰাত ইয়াৰ অস্তিত্ব বিলয় হয়। জাতিৰ জৈৱিক সত্ত্বাৰ লগত ইয়াৰ কোনো নৈমিত্তিক
সম্পর্ক নাই। একে জনগোষ্ঠীৰ মাজত ভিন্ ভিন্ ভাষা প্রচলিত থকাৰ উদাহৰণ অসমতো আছে।
নামনি আৰু উজনি অসমৰ ভাষাৰ লগতো যথেষ্ট পার্থক্য থকা পৰিলক্ষিত হয়। বৰপেটাৰ কথিত
ভাষা নলবাৰীৰ ভাষাতকৈ পৃথক, বৰপেটাৰ ভাষা আকৌ গোৱালপাৰা বা
ধুবুৰীৰ ভাষাতকৈ পৃথক। গোৱালপাৰাৰ ভাষা বর্তমান বাংলাদেশৰ ৰংপুৰত প্ৰচলিত ভাষাৰ
সমকক্ষ। এটা সময়ত আধুনিক অসমৰ নামনিৰ মানুহ উজনিৰ অসমীয়া ভাষাৰ প্ৰতি সন্তুষ্ট নাছিল।
নামনিৰ মানুহে উজনি অসমৰ ভাষাৰ পৰিৱৰ্ত্তে নামনি অসমৰ ভাষাহে শিক্ষাৰ মাধ্যম
হিচাপে কামনা কৰিছিল। এই সম্পৰ্কে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
মহাৰ্জত জয়ন্তীৰ স্মৃতিগ্ৰন্থত বিজনলাল চৌধুৰীয়ে লেখিছে- নামনি অসমৰ একাংশ
সন্মানীয় বুদ্ধিজীৱীয়ে উজনি অসমৰ মান্য ভাষা শিক্ষাৰ মাধ্যম হোৱাত সন্তুষ্ট হোৱা
নাছিল। তেওঁলোকে প্রাচীন কামৰূপ-কমতাৰ কামৰূপী ভাষা আধুনিক যুগতো ব্যৱহাৰৰ কৰাৰ
পক্ষপাতি আছিল। আজি আমি সময়ৰ সোঁতত উজনি অসমৰ ভাষাকেই মাধ্যম হিচাপে ব্যৱহাৰ
কৰিছো।
মাথোন ভাষাই নহয় সাংস্কৃতিক মিল থকাৰ কথাও উক্ত
স্মৃতিগ্ৰন্থখনত তেওঁ উল্লেখ কৰিছে- ‘বৰপেটা অঞ্চলৰ বেপাৰী অথবা ব্যৱসায়ীসকলে নাৱেৰে মৈমন সিং, ৰংপুৰ, ঢাকা আদিলৈ গৈয়ো ব্যৱসায়ৰ বস্তু-বাৰী
কিনা-বেচা কৰিছিল আৰু তাৰ মাজেদি সংস্কৃতি আৰু গীত-মাতৰো আদান-প্রদান হৈছিল।
ব্ৰিটিচ শাসন চলি থকাৰ প্ৰথম ভাগত বৰপেটাৰ ব্যৱসায়ীসকলে পূৰ্ববংগৰ মানুহক বাঙালী
বা মুছলমান বুলি বিদ্বেষৰ চকুৰে চোৱা নাছিল। তদুপৰি অখণ্ড ভাৰতৰ এখন প্ৰদেশ আছিল
বাবে বিদেশ বা শত্রু বুলি ভবাৰো থল নাছিল। বৰং ঢাকা বা কলিকতা অভিমুখে ব্যৱসায়িক
স্বাৰ্থত অহা-যোৱা কৰাৰ বাবে উৎসাহে অনুভৱ কৰিছিল। অসমৰ অসমীয়া হিন্দুই পূৰ্ববংগৰ
লোকগীত, লোক-সংস্কৃতি আৰু লোক সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হৈ
সুখী আৰু সন্তুষ্ট হৈছিল। সৌসিদিনালৈকে নখন্দা নৈত পূৰ্ববংগৰপৰা বিৰাট আকাৰৰ ধানৰ
নাও আহিছিল আৰু বস্তু কিনা-বেচা কৰিছিল। এই নাওবোৰক বৰপেটাৰ মানুহে চধৰিনায়া বুলি
কৈছিল। পূৰ্ববংগৰপৰা গীত-মাতবোৰ নাওৰ বেপাৰীসকলে শিকি আহি বিয়া বৈঠকীত গাই আড্ডা
জমাই তুলিছিল। সেই সময়ত বৰপেটাৰ ৰাইজ বাংলা ভাষাৰ গীত-মাত আৰু নাটকৰ দ্বাৰা
প্ৰভাৱিত হৈছিল।
উপৰোক্ত লেখাৰপৰা এইটো অনুমান কৰিবলৈ অসুবিধা নহয় যে, এটা সময়ত আধুনিক অসমৰ অসমীয়াভাষী হিন্দু
আৰু আধুনিক পূৰ্ববংগৰ প্ৰাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত বাংলাভাষী মুছলমানৰ মাজত
সুসম্পর্ক আছিল। মাথোন অসমৰ মানুহবিলাকেই যে পূর্ববংগলৈ গৈছিল তেনে নহয়, পূৰ্ববংগৰ মানুহবিলাকো অসমলৈ আহিছিল। ধানকটাৰ সময়ত বহুতে পূৰ্ববংগৰপৰা
ধান কাটিবলৈ অসমলৈ আহিছিল। পূৰ্ববংগৰ মানুহে স্থানীয় ভাষাত ইয়াক ‘দাওয়া কটা’ বুলি কৈছিল।
পূৰ্ববংগ আৰু অসমৰ মানুহৰ সুসম্পৰ্কৰ আঁৰৰ ৰহস্য মাথোন
বেহা-বেপাৰেই নাছিল, জাতিগত
আৰু পৰম্পৰাগত সম্পর্কও ইয়াৰ আঁৰৰ ৰহস্য আছিল বুলি ভবাৰ থল আছে। বর্তমানেও কিছু
কিছু পৰম্পৰা, ৰীতি-নীতি, খোৱা-বোৱা,
গহেনা-গাঁঠৰি, সাজ-পাৰ আদিৰ ক্ষেত্ৰত বংগীয়
মূলৰ মুছলমানৰ লগত থলুৱা অসমীয়া হিন্দুৰ যথেষ্ট সাদৃশ্য আছে। কু-সংস্কাৰ, অন্ধবিশ্বাস, ভূত-প্ৰেতত বিশ্বাস, ওজা-
কবিৰাজৰ জৰা-ফুকাকে আদি কৰি বহু ক্ষেত্ৰত বংগীয় মূলৰ মুছলমান আৰু থলুৱা
হিন্দুৰ বিশ্বাস একে। বেউলা-লখিন্দৰৰ কাহিনী অসমীয়া হিন্দুৰ মাজত যেনেকৈ বহুল
প্রচলিত বংগীয় মূলৰ মুছলমানৰ মাজতো তেনেকৈ প্রচলিত। উভয় সম্প্রদায়ে বেউলা-লখিন্দৰৰ
কাহিনীক নিজৰ কাহিনী বুলি ভাবে। অসমীয়া হিন্দুৰ যিদৰে খনা বা ডাকৰ বচনৰ ওপৰত অগাধ
বিশ্বাস সেইদৰে বংগীয় মূলৰ মুছলমান সমাজতো খনা বা ডাকৰ বচনৰ ওপৰত অগাধ বিশ্বাস
থকা দেখা যায়। দালিভাত, মাছ ভাত,
তিলৰ লাড়ু, টেকেলি পিঠা, দাইলৰ বড়া, জিলেপী, পায়স. চিৰা,
মূৰি, আঁখৈ, বিভিন্ন
পিঠা-পনা উভয় সম্প্ৰদায়ৰ মাজত সমানে জনপ্রিয়। কিছুদিন আগলৈকো উভয় সম্প্ৰদায়ৰ
কৃষিজীৱী সমাজত পঁইতা আৰু কৰ্কৰা ভাতৰ প্ৰচলন আছিল। পঁইতা ভাতক লৈ উভয়
সম্প্ৰদায়ৰ মাজত ফঁকৰা যোজনাও প্রচলিত আছে। অৱশ্যে ভাষাগত কিছু পার্থক্য আছে।
অসমীয়া সমাজত প্ৰচলিত ফঁকৰা হ’ল এনে ধৰণৰ- মাঘৰ পঁইতা,
বাঘৰ বল। বংগীয় মূলৰ মুছলমান সমাজত প্ৰচলিত ফঁকৰা এনে ধৰণৰ পানী
পান্তা জল, সাত মৰদেৰ বল।
উভয় সম্প্ৰদায়ৰ মাজত বিয়াৰ সময়ত মাহ-হালধিৰ ব্যৱহাৰ
দেখা যায়। বিয়া বা অন্যান্য মাংগলিক অনুষ্ঠানত উভয় সম্প্রদায়ে কল গছেৰে ৰভা
সাজে। ভোজ-ভাত খাওঁতে কল পটুৱা আৰু কল-পাত ব্যৱহাৰ কৰে। ঢেঁকীৰ ব্যৱহাৰ উভয় সম্প্ৰদায়ৰ
মাজতে প্রচলিত। ঢেঁকীক লৈ উভয় সম্প্ৰদায়ৰ মাজত ফঁকৰা যোজনাও আছে। যেনে- ‘ঢেঁকী স্বৰ্গলৈ গ'লেও
ধান বানে।’ তুলসী, আঁহত, বট, আম, বেল, পলাশ, অশোক আদি গছ-গছনি অসমীয়া ও বঙালী হিন্দুৰ
দৰে বহুতো মুছলমানে ধর্মীয় আধাৰত নহ’লেও ঔষধি আৰু খাদ্য
গুণৰ বাবে সন্মান প্ৰদৰ্শন কৰে। নতুন গৰু কিনি প্ৰথম ঘৰলৈ আনি গৰুৰ ভৰি ধুওৱা
নিয়ম অসমীয়া আৰু বঙালী হিন্দুৰ দৰে বংগীয় মূলৰ মুছলমান সমাজতো প্রচলিত। গৰুক লৈ
ফঁকৰা যোজনাও আছে উভয় সম্প্ৰদায়ৰ মাজত। অসমীয়া হিন্দুৰ মাজত প্ৰচলিত ফঁকৰা হ’ল এনে ধৰণৰ- যাৰ নাই গৰু, সি সবাতোকৈ সৰু। বংগীয়
মূলৰ মুছলমান সমাজত প্ৰচলিত ফঁকৰা এনে ধৰণৰ- গৰু নাই যাৰ, পোৰা
কপাল তাৰ।
অষ্ট্ৰিকসকলে পশু বলি দি কপালত তেজ ঘঁহিছিল। সেয়ে অষ্ট্রিক
জনগোষ্ঠীৰ পৰাই সেন্দুৰৰ প্ৰচলন হোৱা বুলি ক'ব পাৰি। বংগীয় মূলৰ মুছলমানে কপালত সেন্দুৰৰ ফোঁট নল’লেও সৌসিদিনালৈকে সেন্দুৰ নহ'লে কোনো কোনো অঞ্চলৰ
মুছলমান সমাজত বিয়া নহৈছিল৷ ধানৰ প্ৰথম থোক আনি ভঁড়াল ঘৰৰ সন্মুখত ওলোমাই ৰখাৰ
নিয়ম উভয় সম্প্ৰদায়ৰ মাজত প্ৰচলিত। হিন্দুসকলে গৰুৰ গোবৰক পবিত্ৰ জ্ঞান কৰাৰ
দৰে বহুতো মুছলমানে গৰুৰ গোবৰক পবিত্ৰ জ্ঞান কৰে। এয়া অৱশ্যেই ইচলাম ধৰ্মৰ
পৰিপন্থী। প্রকৃতাৰ্থত
মুছলমানসকলে ধর্মীয় বিশ্বাসৰ আধাৰত এইবোৰ আচৰণ নকৰে; পুৰুষানুক্রমে লব্ধ পৰম্পৰা বা সংস্কৃতি
হিচাপেহে পালন কৰে। এনেকুৱা আৰু বহু পৰম্পৰা আছে, যিবোৰ উভয়
সম্প্ৰদায়ৰ মানুহে অতি নিষ্ঠাৰে পালন কৰে৷ এনেকি সৌসিদিনালৈকে বহু মুছলমানে ধুতি
পিন্ধিছিল আৰু হিন্দু আৰ্হিত নাম ৰাখিছিল। এতিয়াও বহুতৰে নাম হিন্দু আৰ্হিত ৰখা
দেখা যায়। উভয় সম্প্ৰদায়ৰ মাজত এনেকুৱা আৰু বহু সংস্কৃতি আৰু পৰম্পৰা প্রচলিত
আছে। সেইবোৰ লেখিবলৈ গ'লে আন এটি প্ৰৱন্ধ হ’ব।
বিহু অসমৰ জাতীয় উৎসৱ। কৃষিজীৱী মানুহৰ উৰ্বৰা বিশ্বাসৰ
ভেটিত বিহুৰ উৎপত্তি। বিহু কৃষিজীৱী মানুহৰ কৃষিকৰ্মৰ সফলতাৰ আনন্দৰ বৰ্হিঃপ্রকাশ।
বিহু মূলতঃ অনাৰ্যসকলৰ উৎসৱ। হিন্দু সংস্কৃতিৰ বাহকসকলে বিহুক নিলাজ নৃত্য বুলি
আখ্যা দিয়াৰপৰা এই কথা সহজে অনুমান কৰিব পাৰি। বৰ্তমান অসমত বসবাস কৰা ভাষা ধর্ম
নির্বিশেষে সকলো জনগোষ্ঠীয়ে বিহুক জাতীয় উৎসৱ হিচাপে আঁকোৱালি লৈছে। ধৰ্ম
নিৰপেক্ষ আৰু কৃষিভিত্তিক উৎসৱ হিচাপে অসমৰ প্ৰাগজ্যোতিষপুৰীয়া মূলৰ বাংলাভাষী
মুছলমানসকলওে সম্প্রতি বিহুৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ পৰিছে। সম্প্রতি
বংগীয়মূলৰ মুছলমান অধ্যুষিত অঞ্চলৰ স্কুল-কলেজ, ক্লাৱ পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠানসমূহত বিহু নৃত্য আৰু
বিহুগীতে ইমানেই সমাদৰ লাভ কৰিবলৈ লৈছে যে, দেখিলে আচৰিত
যেনেই লাগে। বিয়া-সবাহ আদি যিকোনো অনুষ্ঠানত বিহুৰ কেচেট নাবাজিলে যেন অনুষ্ঠানটো
আধৰুৱা হৈ ৰয়। বিহু নাচৰ কথা শুনিলে ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী
সমন্বিতে বিহু নাচ চাবলৈ ঢাপলি মেলে। টি, ভিত বিহু নাচ বা
বিহুগীতৰ অনুষ্ঠান থাকিলে ডেকা-গাভৰু আৰু চেমনীয়াচামে বেলেগ অনুষ্ঠান চোৱাৰ কথা
পাহৰি যায়। পুৰণিচামে পল্লীগীতি, ভাওয়াইয়া আদি গীতৰ প্ৰতি
সহমর্মিতা অনুভৱ কৰিছিল যদিও অর্বাচীনচামে সেইবোৰ বাংলাগীতৰ পৰিৱৰ্ত্তে বিহুগীতকে আন্তৰিকতাৰে
গ্ৰহণ কৰিবলৈ লৈছে। বহু বংগীয় মূলৰ মুছলমান ছোৱালীয়ে বিহুনাচ নাচিব জনা হৈছে।
ইচলাম ধৰ্মত গীত-বাদ্য নিষিদ্ধ। ফলত মুছলমান সমাজত গীত-বাদ্যৰ চৰ্চা কম। অন্যান্য সম্প্ৰদায়ৰ
দৰে গীত-বাদ্যৰ চৰ্চা থাকিলে কিছু সংখ্যক ছোৱালীয়ে হয়তো ইমান দিনে বিহু কুঁৱৰী,
বিহুৰাণী, মৌ কুঁৱৰী আদি প্ৰতিযোগতিািত অংশ
গ্ৰহণ কৰিবলৈ সক্ষম হ'লহেঁতেন। মাথোন ৰঙালী বিহুৱে নহয়,
মাঘ বিহুও বহু যুগ ধৰি বংগীয়মূলৰ মুছলমান সমাজত প্ৰচলিত হৈ আহিছে।
বৰপেটা জিলাৰ কাদং, মেধিৰ্টাৰী, বালিকুৰীকে
ধৰি বিভিন্ন অঞ্চলত তিনি চাৰি দিনীয়া কাৰ্যসূচীৰে অতি উৎসাহ উদ্দীপনাৰে মাঘ বিহু
পালন কৰা হয়। অৱশ্যে নামনি অসমত মাঘ বিহুক দোমাহী, দম্হি,
দহ্মি আৰু কোনো কোনো অঞ্চলত পুষুৰা নামেৰে জনা যায়।
আহোসকলে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলৈ প্ৰায় দুই
তিনিশ বছৰ লাগিছিল। অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ লগত পূৰ্বৰে পৰা সাদৃশ্য থকাৰ ফলত
বংগীয় মূলৰ মুছলমানসকলে এশ বছৰতকৈও কম সময়ৰ ভিতৰত অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ
কৰিবলৈ সক্ষম হৈছে। অসম আন্দোলনৰ আগলৈকে এই প্রক্রিয়া খুব দ্রুত গতিত আগবাঢ়িছিল।
অসম আন্দোলনে এই প্রক্রিয়াত কিছু শিথিলতা আনিলেও এতিয়াও এই প্রক্রিয়া কিছু
মন্থৰ ভাবে হ’লেও অব্যাহত আছে।
বিজন লাল চৌধুৰীয়ে পূর্বোক্ত স্মৃতিগ্ৰন্থত এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ
লেখিছে- আমাৰ পূৰ্বসূৰী নাৱৰ বেপাৰীসকলে পূৰ্ববংগৰ লগত সাংস্কৃতিক সমন্বয় কৰি
যিবোগীত-মাত বৰপেটালৈ আনিছিল আৰু জনপ্ৰিয় কৰি তুলিছিল সেই সংস্কৃতিক আজি অসন্মানৰ
দৃষ্টিৰে চোৱা অনুচিত। সংকীর্ণ অসমীয়া জাতীয়তাবাদী দৃষ্টিৰে ইতিহাসৰ সত্যক মচি পেলাবলৈ
অপচেষ্টা কৰাটো নিশ্চয় ভুল। বিজন লাল চৌধুৰীৰ এই মন্তব্যৰ মাজত যথেষ্ট সত্যতা
লুকাই আছে।
সংস্কৃতি, পৰম্পৰা
হ’ল বোঁৱতী নৈৰ দৰে। সময়ে সময়ে গতিপথ সলনি কৰিলেও যিদৰে
নৈয়ে নিজৰ ধৰ্ম ত্যাগ নকৰে সেইদৰে সংস্কৃতি পৰম্পৰাই সময়ৰ আহ্বানত কিছু ৰূপ
সলালেও মূলৰপৰা একেবাৰে বিচ্যুত হ’ব নোৱাৰে। আনহাতে মানুহে
ধৰ্ম-ভাষা ত্যাগ কৰিলেও সংস্কৃতি পৰম্পৰা সহজে ত্যাগ কৰিব নােৱাৰে। উদাহৰণ স্বৰূপে
বংগীয় মূলৰ মুছলমানৰ কথাই উনুকিয়াব পাৰি। তেওঁলোকে ধর্ম ত্যাগ কৰিলেও
পূৰ্বপুৰুষৰ পৰম্পৰা এতিয়ালৈকে ত্যাগ কৰিবপৰা নাই। সেয়েহে ধৰ্মীয় আচৰণৰ
পৰিপন্থী বুলি জানিও সম্প্ৰতি বহু পৰম্পৰা নির্বিবাদে পালন কৰি আছে।
ধর্মীয় বিশ্বাস
এতিয়া আমি আলোচনা কৰিম কেনেকৈ প্ৰাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত বাংলাভাষী
মুছলমানসকল আদিম কালৰ ধৰ্মীয় বিশ্বাস ত্যাগ কৰি ইচলাম ধৰ্মলৈ ধৰ্মান্তৰিত হ'ল।
যোগনীতন্ত্র গ্রন্থ অনুসৰি শালস্তম্ভ বংশৰ ৰাজত্বৰ শেষৰ
ফালে অর্থাৎ অষ্টম শতাব্দীৰ পাছত কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল-ৰত্নপীঠ, কামপীঠ, স্বর্ণপীঠ
আৰু সৌমাৰপীঠ। কৰতোৱাৰপৰা বৰ্তমানৰ মানকাচাৰলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল ৰত্নপীঠ।
(এই ভূমিভাগেই বিদেশী মুছলমানৰ আগ্ৰাসনৰ ফলত প্ৰাগজ্যোতিষ-কামৰূপৰপৰা বিচ্ছিন্ন হৈ
বংগৰ লগত যুক্ত হৈছিল।) মানকাচাৰৰপৰা ৰূপিকা (বর্তমান ৰূপহী) নদীলৈ কামপীঠ,
ৰূপহী নদীৰপৰা বৰ্তমান তেজপুৰৰ কিছু পূবফালেদি বৈ থকা ভৈৰৱী নদীলৈ
স্বর্ণপীঠ আৰু ভৈৰৱী নদীৰপৰা দিক্কৰবাসিনী(দিকৰাই বা ডিক্ৰং) নদীলৈ বিস্তৃত
ভূমিভাগৰ নাম সৌমাৰপীঠ আছিল।
ৰত্নপীঠৰ ভূমিভাগেই আছিল পুণ্ড্রবৰ্দ্ধন। বর্তমান অসমত বসবাস কৰি থকা
প্ৰাগজ্যোতিষপুৰীয়া বাংলাভাষী নিম্নবৰ্ণৰ হিন্দু আৰু ধর্মান্তৰিত মুছলমানসকলৰ
পূৰ্বপুৰুষসকল এই পুণ্ড্ৰবৰ্দ্ধনৰ ৰত্নপীঠত বসবাস কৰিছিল। নেগ্ৰেটো, অষ্ট্ৰিক আৰু দ্ৰাবিড় জাতিৰ সংমিশ্ৰণত গঢ়লৈ
উঠা এই জাতিগোষ্ঠীয়ে আৰ্য সভ্যতাৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ কৰিছিল । পৰৱৰ্ত্তী
কালত শ্ৰীকৃষ্ণৰ প্ৰতি অনুৰুক্ত হৈছিল যদিও মহাভাৰতৰ যুদ্ধত পুণ্ড্ৰবৰ্দ্ধনৰ ৰজাই
জৰাসন্ধৰ লগত সন্ধি কৰি শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। এই ঘটনাই
পুণ্ড্ৰবৰ্দ্ধনৰ অধিবাসীসকল আৰ্যসকলৰ প্ৰতি বিৰূপ মনোভাৱ পোষণৰ কথাকে প্রমাণ কৰে।
এই দুই জাতিগোষ্ঠীৰ উপাসনা পদ্ধতিও পৃথক আছিল। নেগ্রেটো, অষ্ট্ৰিক আৰু দ্ৰাবিড় জাতিৰ সংমিশ্ৰণত
গঢ়লৈ উঠা জাতিগোষ্ঠী দেৱীমাতৃৰ উপাসক আছিল। এওঁলোকৰ ধৰ্মীয় উপাসনা ব্যৱস্থা অতি
সুলভ আছিল। বিভিন্ন গছ, দৈত্য, নাগৰাজ
(সাপ)ৰ পূজা কৰিছিল। আনহাতে আর্যসকল প্রাকৃতিক বস্তু তথা ঘটনাৰ উপাসনা কৰিছিল।
আৰ্যসকল ইন্দ্ৰ (বজ্ৰ), বৰুণ, মিত্ৰ,
সূৰ্য, সাৱিত্ৰী, পুৰাণ,
বিষ্ণু, ঊষা, আৰ্তি,
বায়ু, আৰু অগ্নিৰ উপাসক আছিল। তেওঁলোকে হোম
জ্বলাই দেৱতাসকলৰ উদ্দেশ্যে চাউল, গাখীৰ, সোমৰস আদি উছৰ্গা কৰাৰ লগতে জন্তু বলি দিছিল। ঋক্বেদ আছিল তেওঁলোকৰ
চালিকা শক্তি। ঋক্বেদৰ পাতত জিক্মিকাবলৈ আৰম্ভ কৰা ঐক্যৰ ধাৰণাক এক গভীৰ
দাৰ্শনিক গভীৰত্ব প্ৰদান কৰি দ্ৰাবিড়সকলৰপৰা গ্ৰহণ কৰা ভাৰতীয় ঐতিহ্যক আৰ্যসকলে
ধৰ্মৰ অংগীভূত কৰি লৈছিল। (পূজা শব্দটোও দ্রাবিড়সকলৰপৰা ধাৰ কৰা। পূ মানে পুষ্প
আৰু জে মানে কৰা। এই দুটা শব্দ লগলাগি পূজা শব্দটো গঠন হৈছে।) এনেকৈয়ে এক নতুন
উমৈহতীয়া ধৰ্মই বিকাশ লাভ কৰিছিল। যাক আমি বৈদিক হিন্দু ধৰ্ম বুলি ক’ব পাৰো। এই নতুন ধৰ্মই বৈদিক সংস্কৃতি নামে এক ধৰণৰ নতুন সংস্কৃতিৰ ভেঁটি
ৰচনা কৰিছিল।
বৈদিক হিন্দু ধর্মই দুটা দিশত বিকাশ লাভ কৰিছিল। এটা আছিল
শাৰীৰিক কল্যাণ আৰু আত্মিক মুক্তি লাভ কৰিবলৈ উচ্চস্তৰৰ শক্তিৰ কৃপা অৰ্জনৰ কাৰণে
ভাৰতীয় মনৰ দুৰ্বলতাক সন্তুষ্ট কৰিবপৰা ধৰ্মীয় অনুষ্ঠান অৰ্থাৎ ভক্তিৰ পথ আৰু
আনটো আছিল ভাৰতীয় মনৰ ধ্যান- ধাৰণা আৰু সত্য উপলব্ধিৰ প্ৰতি থকা গভীৰ আকৰ্ষণক
সন্তুষ্ট কৰিবপৰা বৈৰাগ্য আৰু তপস্যাৰ পথ।
প্রথমোক্ত পথটো আৰ্যসকলে সাধাৰণ বলি বিধান আৰু প্ৰাৰ্থনাৰ
যোগেদি অনুসৰণ কৰিছিল আৰু দেৱতাসকলৰ প্ৰতি পূজা-অৰ্চনাত গুৰুত্ব প্ৰদান কৰিছিল ।
এই দুটা নীতিকে এটা সময়ত একেলগ কৰি পূজা ও বলিবিধানৰ এক বিস্তাৰিত ব্যৱস্থা
সৃষ্টি কৰা হৈছিল আৰু এই মত পৰীক্ষা-নিৰীক্ষাৰ মাজেদি খ্রীষ্টপূর্ব ৬০০ বর্ষলৈ চলি
আছিল।
কিন্তু আর্য সভ্যতাই অধিক দিন বাঙালী মনক বান্ধি ৰাখিব
নোৱাৰিলে। কাৰণ বৰ্ণাশ্ৰমৰ মাজত বৈষম্যৰ বীজ নিহিত হৈ আছিল। বর্ণশ্রেষ্ঠ ব্রাহ্মণ
যি সভ্যতাৰ শিৰোমণি, একমাত্র
ক্ষত্রিয় যি সভ্যতাৰ শক্তিৰ প্ৰতীক আৰু বৈশ্যসকল যি সভ্যতাৰ বাণিজ্যৰ অধিকাৰী সেই
সভ্যতাত শূদ্ৰসকল দাসৰূপে পৰিগণিত হৈছিল। তদুপৰি বৈদিক হিন্দুযুগৰ শেষৰ ফালে নুহে
ধৰ্মীয় জীৱনৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল। ধৰ্মৰ ক্ষেত্ৰত দুটা পন্থাৰ সৃষ্টি
হৈছিল। নিয়মিত ভাবে পালন কৰিব লগা ধর্মচর্চা পূজা-পাতল আৰু বলিবিধানলৈ পর্যবসিত
হোৱাৰ ফলত এদল মানুহ ধর্মীয় ভাবে আর্থিক শোষণৰ বলি হ’ব লগা
হৈছিল। এই মানুহবিলাকক এই ধর্মীয় শোষণৰপৰা পৰিত্ৰাণ দিবলৈ সকলো পূজা- পাতল আৰু
বলিবিধান সম্পূৰ্ণৰূপে প্রত্যাখান কৰি আনটো দলে উপনিষদৰ আদৰ্শবাদী দৰ্শনৰ ভেঁটিত
হিন্দুধৰ্মৰ এক নতুন পন্থা আগবঢ়াইছিল। এই দার্শনিক ধৰ্ম উপলব্ধি কৰিবলৈ যাৰ
বৌদ্ধিক ক্ষমতা আছিল তেনে উচ্চশ্রেণীয়ে ইয়াক জীৱনৰ কৃচ্ছসাধনৰ পথ বুলি ব্যাখ্যা
আগবঢ়াইছিল আৰু ক্ৰমে বৈৰাগ্যৰ দৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল। ইফালে এটা
সময়ত জাতিভেদ প্রথা ইমান কঠোৰ হৈ উঠিছিল যে, নিম্নবৰ্ণৰ
হিন্দুসকল উচ্চবৰ্ণৰ হিন্দু আৰু তেওঁলোকৰ সংস্কৃতিৰপৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ
পৰিছিল। এনেকি নিম্নবৰ্ণৰ হিন্দুৰ কাৰণে বেদ অধ্যয়ন কৰাও নিষিদ্ধ আছিল। ফলত শেষৰ
পৰ্যায়ত বৈদিক হিন্দুধৰ্মত নানা পন্থাৰ সৃষ্টি হৈছিল আৰু বিভিন্ন পন্থাৰ মাজত
আত্মকলহ আৰম্ভ
হৈছিল।
হিন্দুধৰ্মৰ এনেকুৱা এটা পর্যায়তে (খ্রীষ্টপূর্ব ৫৬৩-৪৮২)
গৌতমবুদ্ধৰ আবিৰ্ভাৱ হ'ল। তেওঁ
সাধাৰণ মানুহৰ নৈমিত্তিক পূজা-অর্চনা আৰু উচ্চশ্রেণী লোকৰ বৈৰাগ্য সাধনাৰ বিৰুদ্ধে
প্রতিবাদ কৰাৰ লগতে জাতিগত বিৰুদ্ধ ভাৱ আৰু সামাজিক ভেদবুদ্ধিৰো প্ৰতিবাদ কৰিলে । পৃথিবীৰ
প্ৰতি তেওঁ আগবঢ়ালে আত্মসংস্কৃত, আত্মসংযম, প্ৰেম আৰু দয়াৰ বাণী।
বৌদ্ধধৰ্মৰ দ্ৰুত প্ৰসাৰ হ’ল। মাথোন ভাৰততে নহয় বিদেশলৈকো এই ধর্ম বিস্তাৰিত হ’ল। দলে দলে মানুহে বৌদ্ধধর্ম গ্রহণ কৰিবলৈ ধৰিলে। শ্ৰীধীমান চক্ৰৱৰ্ত্তীয়ে
তেওঁৰ উত্তৰ কূল নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, পালবংশৰ
ৰাজত্ব কালত কামৰূপত তান্ত্রিক বৌদ্ধধর্ম গা কৰি উঠিছিল। সেই পৰম্পৰা অনুসৰি
প্রাচীন মন্দিৰ সিদ্ধেশ্বৰ, ধাৰ্শ্বেৰ আৰু হাজোৰ
হয়গ্ৰীৱ-মাধৱ-কেদাৰ মন্দিৰলৈ ভূটানৰপৰা বৌদ্ধধৰ্মাৱলম্বী লোকসকল আজিও আহে। তিব্বত,
ভুটান, নেপাল আদি দেশৰ মানুহে বুদ্ধদেৱে হাজোত
দেহত্যাগ কৰিছিল বুলি বর্তমানেও বিশ্বাস কৰে। হাঙ্গেীয়ান পণ্ডিত ওৱাভেল আৰু
হাঙ্গেৰীয়ান পৰিব্ৰাজক কোমা-ডি-চাঙে এই কথাৰ সত্যতা স্বীকাৰ কৰিছে। উত্তৰ
লক্ষ্মীমপুৰ অঞ্চলতো এটা সময়ত বৌদ্ধ মন্দিৰ আছিল বুলি মেজৰ হেনয়ে ক'ব খোজে। আনহাতে আগৰ শাসক বৰ্মণসকলৰ সময়ত চীনা পৰিব্ৰাজৰ হিউ-য়েন- চাঙে
কামৰূপ অঞ্চলত বৌদ্ধধৰ্মৰ প্ৰকাশ্য বিস্তাৰ নেদেখিলেও তেতিয়াৰ ৰজাৰ এই ধৰ্মৰ
প্ৰতি গভীৰ আস্থা আছিল বুলি লেখি থৈ গৈছে। বৰ্মণ বংশৰ ৰজাসকলৰ বৌদ্ধধৰ্মৰ প্ৰতি
থকা এই আকৰ্ষণৰ ফলতে পালৰজাসকলৰ দিনত প্ৰাগজ্যোতিষ-কামৰূপৰ মানুহে বৌদ্ধধৰ্ম গ্ৰহণ
কৰিছিল বুলি অনুমান কৰিব পাৰি। বৈদিক সভ্যতাত যিসকল মানুহ শূদ্ৰ বুলি পৰিচিত আছিল, সেই সকলেই বিশেষ ভাবে বৌদ্ধধর্ম গ্রহণ কৰিছিল।
নানা তথ্যৰপৰা পুণ্ড্ৰবৰ্দ্ধন বা ৰত্নপীঠৰ মানুহেই অধিক পৰিমাণে বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল
বুলি জনা যায়।
কিছুদিন পাছতে বৌদ্ধধৰ্মৰ প্ৰতি মানুহৰ মোহভংগ হ’ল। কাৰণ শেষৰ ফালে বৌদ্ধসংঘবোৰে উদাৰ ভাবে
দান গ্ৰহণ কৰাৰ ফলত ভিক্ষুসকলৰ হাতত প্ৰচুৰ সম্পদ জমা হৈছিল আৰু তেওঁলোকে বিলাসী
জীৱন-যাপন কৰিবলৈ প্ৰলোভিত হৈছিল। ফলত তেওঁলোক নৈতিক অধঃপতনৰ ফালে আগুৱাই গৈছিল।
তেতিয়াৰ বৌদ্ধধৰ্মাৱলম্বী লোকসকলে লক্ষ্য কৰিছিল যে, বৌদ্ধধর্মোপদেশত
যি সাম্যৰ বাণীৰ কথা কোৱা হয় কার্যক্ষেত্ৰত তাৰ বিশেষ কোনো মূল্য নাই।
বৌদ্ধভিক্ষু আৰু বৈদিক ব্ৰাহ্মণসকল এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। ইয়াৰমাজত কোনোবাই
প্রজাপীড়ক আৰু কোনোবাই হয়তো প্ৰজাৰঞ্জক; কিন্তু উভয়েই
আছিল প্রজাশোষক। ইতিমধ্যে বৌদ্ধধর্ম বিদ্বেষী শশাংকৰ দৰে সম্ৰাটৰ উদ্ভৱ হ’ল। গতিকে সাম্যৰ আশাত যিসকলে বৌদ্ধধর্ম গ্ৰহণ কৰিছিল সেইসকলেই এটা সময়ত
সাম্যৰ পৰিপন্থী বুলি বৌদ্ধধর্ম ত্যাগ কৰিবলৈ ধৰিলে।
বৈদিক আর্য সভ্যতাত যিসকলে গৌৰৱৰ স্থান পোৱা নাছিল আৰু
অনার্য, শূদ্র, দাস প্রভৃতি
আখ্যা লাভ কৰি সমাজৰ নিম্নস্তৰত হীনভাবে জীৱন যাপন কৰিছিল, এটা
সময়ত সেই সকলেই অধিক পৰিমাণে বৌদ্ধধৰ্মত দীক্ষিত হৈছিল। বৌদ্ধ আৰু বৈদিক ধৰ্মৰ
সংঘৰ্ষ তথা প্ৰতিযোগিতাৰ ফলত অভিজাত সম্প্ৰদায়ৰ অবিচাৰ অত্যাচাৰ এটা সময়ত চৰম
পৰ্যায় পাইছিল আৰু ফলত ক’তো শান্তি নোহোৱা হৈছিল। ঠিক
তেতিয়াই আহিছিল মুছলমানসকল। মহম্মদ বখতিয়াৰ খিলজিয়ে বিনা প্ৰতিৰোধত বিহাৰ আৰু
বংগ দখল কৰিলে। সেনবংশৰ ৰজা লক্ষ্মণ সেনে তেওঁলোকক বাধা দি ৰাখিব নোৱাৰিলে। অশ্ব
বিক্ৰেতাৰ ছদ্মবেশ ধাৰণ কৰি মাথোন ১৭ জন চিপাহীলৈ বখতিয়াৰ খিলজিয়ে লক্ষ্মণ সেনৰ
ৰাজপ্রাসাদ দখল কৰিলে৷ লক্ষ্মণ সেন পলাই সাৰিল।
এইদৰে বংগদেশ তথা পুণ্ড্ৰবৰ্দ্ধনৰ ভূমিলৈ মুছলমানসকল আহিল
আৰু লগত লৈ আহিল সাম্যৰ বাণী। যি ধৰ্মৰ ওচৰত বৌদ্ধ, শূদ্র সকলো সমান। যি ধর্মই প্ৰভুৰ লগত একেখন আসনত বহি ভৃত্যই
অন্ন গ্ৰহণ কৰাত বাধা নাই, যি ধৰ্মত ক্রীতদাসৰ লগতো
প্ৰভু-কন্যাৰ
পাণিগ্ৰহণ সমৰ্থন কৰে। গতিকে নির্যাতিত বৌদ্ধসকল সেই সাম্যৰ ধৰ্ম ইচলামৰ প্ৰতি
আকৃষ্ট হৈ পৰিল আৰু দলে দলে ইচলাম ধর্ম গ্রহণ কৰিবলৈ ধৰিলে। ৰাজধর্ম বুলি বহু
অভিজাত হিন্দুৱেও উচ্চপদ লাভৰ আশাত ইচলাম ধৰ্ম গ্ৰহণ কৰিলে।
ৰমেশ চন্দ্ৰ দত্তই ধৰ্মান্তকৰণ সম্পর্কে তেওঁৰ ‘বাংলাৰ কৃষক সমাজ’ নামৰ
গ্ৰন্থত লেখিছে- বাংলাৰ কৃষক সমাজ দুটা ভাগত বিভক্ত। হিন্দু আৰু মুছলমান। হিন্দুৰ
সংখ্যা শতকৰা ৫০ ভাগ আৰু মুছলমানৰ সংখ্যা শতকৰা ৪৮.৮ ভাগ। এয়া মাথোন বাংলাৰ
ক্ষেত্ৰতে যে প্রযোজ্য তেনে নহয়, যিবোৰ অঞ্চলৰ কথা আলোচনা
কৰা হ’ব সেইবোৰ অঞ্চলৰ ক্ষেত্ৰতো প্রযোজ্য আছিল জনসংখ্যাৰ এই
অৱস্থা। প্রজা সাধাৰণৰ বাকী অংশ আছিল বৌদ্ধ, খ্ৰীষ্টান
ইত্যাদি। বিহাৰ, ছোটনাগপুৰ, উৰিষ্যা,
অসম প্রভৃতি অঞ্চলত মুছলমানৰ সংখ্যা আলোচ্য অঞ্চলবোৰতকৈ শতকৰা
হিচাপত তুলনামূলক ভাবে কম আছিল। অতীতত যেতিয়া যিবোৰ শক্তিয়ে এই দেশত ৰাজত্ব
কৰিছে এই দেশৰ জনসাধাৰণে সহজেই তেওঁলোকৰ আদব-কায়দা, চাল-চলনতো
গ্ৰহণ কৰিছেই এনেকি প্রয়োজন হ’লে ধর্মও গ্ৰহণ কৰিছে। আকৃতিত
লম্বা আকাৰৰ মোটা কৰোটি বিশিষ্ট বিহাৰী কৃষকসকল কিন্তু মূলতঃ সিহঁতৰ ধৰ্মতে টিকি
আছে, যদিও সিহঁত মুছলমান সাম্ৰাজ্যৰ মূলকেন্দ্ৰ অৰ্থাৎ
ৰাজধানীৰপৰা বিশেষ দূৰত নাছিল। কিন্তু বাঙালীসকলে তেওঁলোকৰ ধৰ্ম, আচাৰ-ব্যৱহাৰ দ্ৰুত পৰিৱৰ্ত্তন কৰি প্রায় অর্ধেক জনসাধাৰণেই মুছলমান হৈ গৈছে।
যিবোৰ সুযোগ পোৱাৰ আশাত তেওঁলোকে এই কাম কৰিছিল সেইবোৰ বিচাৰি উলিওৱাও তেনে কোনো
কঠিন কাম নহয়। হিন্দুধর্ম তাৰ ঘৃণিত জাত-পাতৰ বিচাৰ জমা কৰি ৰাখিছিল সেইসকল
হতভাগ্যৰ কাৰণে, জন্মৰ ফলত যিসকল নীচকূলৰ লগত যুক্ত হৈ
পৰিছিল।
বিজয়ী মুছলমানসকল আহিল। দেশ জয় কৰিলে আৰু লগে লগে ঘোষণা
কৰিলে- সকলো মানুহ সমান। জাত-পাতৰ ঘৃণনীয়অত্যাচাৰৰপৰা মুক্ত হোৱাৰ কাৰণে ঘৃণিত, অৱহেলিত জনসাধাৰণৰ সন্মুখত উদাৰ নতুন ধৰ্ম
গ্ৰহণ কৰাই আছিল একমাত্ৰ মুক্তিৰ পথ। ধৰ্ম পৰিৱৰ্ত্তন কৰিলেই সিহঁত উচ্চবৰ্ণৰ
হিন্দু ভাই-বন্ধুসকলৰ সমপৰ্যায়লৈ উঠিব পাৰিছিল। এনেকি সিহঁততকৈ ওপৰতে সিহঁতৰ
স্থান হৈছিল। কাৰণ তেওঁলোক তেতিয়া ৰাজশক্তিৰ সমধর্মী। যদি কেতিয়াবা মানব সভ্যতাৰ
সঁচা ইতিহাস লেখা হয় তেনেহ'লে দেখা যাব যে, নিম্ন বৰ্ণৰ মানুহেই বেছি ঈশ্বৰ প্ৰেৰিত পুৰুষৰ ধৰ্ম (ইচলাম ধৰ্ম) গ্ৰহণ
কৰিছে। পূৰ্ববংগৰ ফৰিদপুৰ, বাখৰগঞ্জ, ঢাকা
অঞ্চলৰ জলাভূমি একালত বেছিভাগ নিম্নবৰ্ণ হিন্দুৰ বসবাস আছিল। এতিয়া সেইবোৰ অঞ্চলত
মুছলমানসকলৰ প্ৰাধান্য অধিক। এইবোৰ অঞ্চলৰ মুছলমানসকল একমাত্ৰ ধৰ্মৰ বাহিৰে সকলো
বিষয়তে নিম্নবৰ্ণ হিন্দুৰ দৰে একেই। এনেকি কেতিয়াবা ধর্মীয় আচাৰ পালনৰ বেলিকাও
একেই। ইয়াত কোনো সন্দেহ নাই যে, সিহঁত বিজয়ী মুছলমানৰ
বংশধৰ নহয়, বৰং নিম্নবর্ণ হিন্দুসকলৰহে বংশধৰ। ৰমেশ চন্দ্ৰ
দত্তৰ দ্বাৰা বৰ্ণিত সেইসকল মানুহ আন কোনো নাছিল, পূৰ্ববংগৰ
পৰা আন্তঃপ্ৰব্ৰজন কৰি আহি বৰ্তমান অসমত বসবাস কৰি থকা মুছলমানসকলেই আছিল সেইসকল মানুহ।
ধর্মান্তকৰণৰ এই প্ৰক্ৰিয়া কি কাৰণত ইমান বহুল ভাবে সংঘটিত
হৈছিল সাম্প্ৰতিক কালৰ এটি উদাহৰণ দিলে হয়তো কথাটো অধিক স্পষ্ট হ’ব। ১৯৮১ চনৰ ফেব্ৰুৱাৰী মাহত তামিলনাডুৰ
মীনাক্ষীপুৰমৰ বহু হৰিজন মানুহ একেলগে ইচলাম ধৰ্ম গ্ৰহণ কৰি প্ৰচণ্ড আলোড়ন সৃষ্টি
কৰিছিল।
তামিলনাডু ৰাজ্যৰ কেৰালা সীমান্তত তিৰুনেলভেলী গাঁও
অৱস্থিত। গাঁৱত মোটা-মুটি ১৩০০ জন লোকৰ বাস আছিল। তাৰ মাজত ১২৫০ জন হৰিজন
সম্প্ৰদায়ৰ লোক আছিল। বাকী ৫০ জন আছিল উচ্চবৰ্ণৰ থীবৰ। গাঁৱত মন্দিৰ আছিল চাৰিটা।
ধৰ্মান্তকৰণৰ সময়ত গাঁৱত ৪০ টা পকীঘৰ আছিল। ইয়াৰে মাথোন ৪ টা পকীঘৰ হৰিৰ্জনসকলৰ
অধিকাৰত আছিল। ছটা কুঁৱাৰ ভিতৰত মাথোন এটা হৰিৰ্জন সম্প্ৰদায়ৰ মানুহে ব্যৱহাৰ
কৰিব পাৰিছিল। তিনিটা চাহৰ দোকান আছিল। তাৰে এটা এজন মুছলমানে চলাইছিল আৰু এই
মুছলমানৰ দোকানতহে হৰিৰ্জনসকলক চাহ খাবলৈ দিয়া হৈছিল।
শতকৰা ৪০ জনৰো অধিক হৰিজন শিক্ষিত আছিল। এওঁলোকৰ মাজত ২ জন
এম, বি, বি, এচ ডিগ্ৰীধাৰী ডাক্তৰ, এজন কৃষি বিজ্ঞানী আৰু পাঁচজন
স্নাতক ডিগ্ৰীধাৰী আছিল। ভালে সংখ্যক হৰিৰ্জন চৰকাৰী চাকৰিত নিয়োজিত আছিল আৰু
স্থানীয় প্রাথমিক বিদ্যালয়ৰ ৪ জন শিক্ষকৰ ভিতৰত ২ জন হৰিজন সম্প্ৰদায়ৰ আছিল।
সংখ্যাগৰিষ্ঠতা আৰু শিক্ষাগত অৰ্হতা থকা সত্ত্বেও এই
হৰিজনসকল প্রবল ভেদাভেদৰ চিকাৰ হ'বলগা
হৈছিল। তেওঁলোক গাঁৱৰ এটি স্বতন্ত্র অংশত বাস কৰিছিল। উচ্চবৰ্ণৰ এলেকাত প্ৰৱেশৰ
সময়ত তেওঁলোকে চপ্পল খুলি খালী ভৰিত যাব লগা হৈছিল। এজন থীবৰৰ লগত কথা পতাৰ সময়ত
মূৰ নত ও হাতযোৰ কৰি কথা পাতিব লগা হৈছিল। উচ্চবৰ্ণৰ লোকৰ গাত থু নপৰাৰ কাৰণে মুখৰ
সন্মুখত গছৰ পাত মেলি ধৰি কথা পাতিব লাগিছিল। কোনোবাই পৰিষ্কাৰ চোলা ও পায়জামা,
চপ্পল আৰু হাত-ঘড়ী ব্যৱহাৰ কৰাৰ দৰে দুঃসাহস কৰিলে তাক প্ৰহাৰ কৰা
হৈছিল।
এই ঘটনাৰ মূল উপাদানৰ মূলত আছিল পুলিচ আৰু চৰকাৰী এজেঞ্চীৰ
ভূমিকা। তেওঁলোকে নানা অজুহাতত হৰিজনসকলৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল। এবাৰ গাঁৱৰ এজন
হৰিজন ল'ৰাই ভাল কাপোৰ আৰু ঘড়ী ব্যৱহাৰ কৰাৰ কাৰণে
ল’ৰাজনক প্ৰহাৰ কৰা হয় । ভুক্তভোগী ল’ৰাজনে
পুলিচৰ ওচৰত ৰিপোর্ট লেখাবলৈ যায়; কিন্তু পুলিচে কেচ ল’বলৈ অস্বীকাৰ কৰে। ল'ৰাজনে তেতিয়া কোৰ্টত আবেদন
কৰে। তাতো কেচ ডিট্মিচ্ হৈ যায়। ইয়াৰ কিছুদিন পাছতে এজন হৰিজন ল’ৰাই এজনী থীবৰ ছোৱালীক পলুৱাই লৈ যায়। এই ঘটনাই ল'ৰাজনৰ
পৰিয়াল আৰু সম্প্ৰদায়টোক হাৰাশাস্তি কৰাৰ কাৰণে পুলিচক সুযোগ কৰি দিয়ে। কিন্তু
নৱদম্পত্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰাত পুলিচ হতাশ হয়। ইয়াৰ কিছুদিন পাছত ল’ৰাজনৰ বিৰুদ্ধে এটা মনেগঢ়া অভিযোগ আনি ল’ৰাজন আৰু অন্যান্য
হৰিৰ্জনসকলক মাৰপিট কৰা হয়। ফলত এই পৰিস্থিতিৰপৰা পৰিত্ৰাণ পাবলৈ হৰিজনসকলে ইচলাম
ধৰ্ম গ্ৰহণ কৰে। (উৎস- হিন্দু-মুছলমানৰ সম্বন্ধ ভাল কৰাৰ উপায়। লেখক-নজৰুল ইছলাম)
অতীততো হয়তো এনেকৈয়ে নিম্নবৰ্ণৰ হিন্দুসকল ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল।
বিশ্বনাথ দাস সম্পাদিত ‘উত্তৰ বংগৰ পূৰাকীৰ্ত্তি ' নামৰ গ্ৰন্থত
ধর্মান্তকৰণৰ পাছৰ পৰ্যায়ৰ পৰিস্থিতিৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে-গৌড় আৰু
পাণ্ডুৱাত মছজিদৰ সংখ্যা আটাইতকৈ বেছি। হিন্দুৰ দেৱালয়বোৰ ধ্বংস কৰি এই মছজিদবোৰ
নিৰ্মাণ কৰা হৈছিল। পাথৰৰ উপাদানবোৰ প্ৰধানতঃ হিন্দু অথবা বৌদ্ধ মন্দিৰৰপৰা সংগ্ৰহ
কৰা হৈছিল। কিন্তু এটা কথা ঠিক যে, মন্দিৰ ভাঙি বা বলপ্রয়োগ
কৰি উপাদানবোৰ সংগ্ৰহ কৰা হোৱা নাছিল, আচলতে এটা সময়ত এইবোৰ
অঞ্চলত হিন্দু ও বৌদ্ধধৰ্মৰ মানুহ বসবাস কৰিছিল আৰু কোনো এটা সময়ত ধর্মান্তৰিত হৈ
তেওঁলোকে ইচলাম ধর্ম গ্রহণ কৰিছিল। ফলত পুৰণি মন্দিৰবোৰ ৰক্ষণাবেক্ষণৰ অভাৱত
জহি-খহি গৈছিল আৰু জহি- খহি যোৱা মন্দিৰৰ উপকৰণেৰে ধৰ্মান্তৰিত মানুহবিলাকে মছজিদ
নির্মাণ কৰিছিল। এইদৰে পূৰ্ববংগতো বহু হিন্দু দেৱ-দেৱী আৰু বৌদ্ধ শিলৰ মূৰ্ত্তি
বিক্ষিপ্তভাবে সিঁচৰতি হৈ থকা দেখা যায়। এইবোৰ সম্প্ৰতি মুছলমান বসতি প্রধান
অঞ্চল। ইয়াৰপৰা অনুমান কৰিবলৈ অসুবিধা নহয় যে, এইবোৰ
অঞ্চলত এটা সময়ত হিন্দু অথবা বৌদ্ধ ধৰ্মাৱলম্বীলোকৰ বসবাস আছিল আৰু তেওঁলোক
কোনোবা এটা সময়ত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল।
অসমৰ ভৈয়াম অঞ্চলত সম্প্রতি বসবাস কৰি থকা আন্তঃপ্রব্রজিত বাঙালী
মুছলমানসকল যে এটা সময়ত হিন্দুৰপৰা ধৰ্মান্তৰিত হৈ মুছলমান হৈছে এইসকল মুছলমানে
পালন কৰা কিছুমান আচাৰ-আচৰণ আৰু পৰম্পৰালৈ লক্ষ্য কৰিলে এই কথা স্পষ্ট ভাবে ওলাই
পৰে। সৌসিদিনালৈকে বহুতো মুছলমানে ধূতি আৰু গামোচা পিন্ধিছিল। নিম্নবর্ণ হিন্দুৰ
মাজত প্ৰচলিত বহুতো ধৰ্মীয় পৰম্পৰা, উৎসৱ-পাৰ্বণ এতিয়াও মুছলমানসকলে পালন কৰে। যেনে আহিন মাহৰ সংক্ৰান্তিত
গাৰ্চী, শস্য উৎসৱ হিচাপে কাতি মাহৰ সংক্ৰান্তিৰ দিনা জুই
ধৰি ল'ৰা- ছোৱালীয়ে আউনি-ভাউনি (ভাল্লা-ভোল্লা) খেদোৱা,
পিতৃপুৰুষক নৱান্ন খুওৱা অৰ্থাৎ মুঞ্চী খুওৱা, পুহ মাহৰ সংক্রান্তিত টেকেলি পিঠা খোৱা। ভাদ মাহৰ তাল নৱমীত তালৰ পিঠা
খোৱা। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা ভায়েকে ভনীয়েকৰ ঘৰলৈ গৈ
ছাতু খোৱা আদি। এই ছাতু খোৱাক হিন্দুৰ ভাইফোঁটাৰ নতুন সংস্কৰণ বুলি ক’ব পাৰি। আম-কঁঠালৰ বতৰত জোঁৱায়েকক আম-কঁঠাল খুওৱা। ইয়াক হিন্দুৰ
জামাইষষ্ঠীৰে নতুন সংস্কৰণ বুলি ক'ব পাৰি। বহুতে
স্বামী-পুত্ৰৰ মংগলৰ কাৰণে ৰোজা ৰাখে। এয়া বিহাৰীসকলৰ ছট পূজাৰে এক সংস্কৰণ। নতুন
জোৱাৰ আহিলে পানীত লোণ তৰ্পণ কৰা। এয়া গংগাপূজাৰ নতুন সংস্কৰণ। মনসা ও থল পূজা
কৰা। থলপূজাত ফাতিমা (ৰাজিঃ)ৰ মূৰ্ত্তি ( অৱশ্যে ঠিক মূৰ্ত্তি নহয়, মাটিৰ ঢেলাৰ দৰে কৰি) পূজা কৰিছিল। এয়া অৱশ্যে আমি দেখাত দুই চাৰিজনেহে
কৰিছিল। এয়া সম্প্রতি প্রায় দেখা নোপোৱা হৈছে।
হিন্দুসকলৰ মাজত প্ৰচলিত সাতভক্ষণ অর্থাৎ গৰ্ভৱতী মহিলাক
সাত মাহত নতুন ৰঙা কাপোৰ পিন্ধোৱাই ছেৱৈ (শেমাই)খুওৱা। এই সাতভক্ষণ খুওৱা এতিয়াও
বহু ঠাইত দেখা যায়। আগতে এয়া বহুল ভাবে প্রচলিত আছিল ৷ লক্ষ্মীপূজা অৰ্থাৎ ধান
কটাৰ আগতে ধানৰ থোক আনি ভঁড়াল ঘৰৰ সন্মুখত ওলোমাই ৰখা। ইয়াক লক্ষ্মীপূজা বুলি ক'ব পাৰি। কাৰণ ধান মানেইতো লক্ষ্মী। বহাগ জেঠ
মাহত গোরক্ষনাথৰ পূজা অৰ্থাৎ গোৰক্ষনাথলৈ ভোগ হিচাপে লাড়ু আগবঢ়োৱা। ইয়াক
স্থানীয় ভাষাত গোৰ্কেৰ লাডু বুলি কোৱা হয়। এইটো অৱশ্যে পিয়ল দিয়া গাই থকা
সকলেহে পালন কৰে। গোৰক্ষনাথৰ পূজাৰপৰা এইটো অনুমান কৰিব পাৰি যে, এটা সময়ত হয়তো এই ধর্মান্তৰিত মুছলমানৰ কিছু
মানুহ উৰিষ্যাৰ আদিবাসী আছিল। কাৰণ এই মুছলমানসকলৰ কথিত ভাষাত বহু উৰিয়া
ভাষাৰ শব্দ প্রচলিত থকা দেখা যায়। যেনে-নুয়া (নতুন)। অৱশ্যে এই নুয়া শব্দটো
মুছলমানসকলে নয়া হিচাপেহে ব্যৱহাৰ কৰে। ছাওয়া (ল’ৰা-ছোৱালী), ধাইয়া (বেগাই যোৱা),
নানা-নানী (আতা-আবু), পূ-জী ( ল'ৰা-ছোৱালী), পুলা (ল’ৰা),
লম্ফ (জাপ মৰা), ডেই দিয়া (ডেউ দিয়া),
ধোকা (ফাঁকি দিয়া), মামু (মোমাই), ভাউজ (নবৌ), বাজি (দেউতা) ইত্যাদি। আদিবাসী
উৰিয়াসকলৰ কিছু কিছু পৰম্পৰাও প্রচলিত থকা দেখা যায় এইসকল মুছলমান সমাজত। যেনে-
মাটিৰ সাৰুৱা গুণ বৃদ্ধিৰ বাবে খেতিত মলত্যাগ কৰা, স্ত্ৰীয়ে
স্বামীৰ গা ধোঁৱাই দিয়া, জীয়াৰী-বোৱাৰীয়ে মাটিত আঁচল পাৰি
শোৱা, মাটিত বিছনা পাৰি শোৱা, গোৰক্ষনাথলৈ
ভোগ আগবঢ়োৱা, শিল-পটা, গোহালি পূজা
আদি। আৰু হয়তো এনেকুৱা বহু উমৈহতীয়া পৰম্পৰা আছে উভয় সম্প্ৰদায়ৰ মাজত।
উৰিয়াসকলৰ জীৱন ধাৰণ প্ৰণালীৰ বিষয়ে সবিশেষ নজনাৰ কাৰণে সেইবোৰ উল্লেখ কৰিবপৰা নগ'ল। তথাপি ইয়াৰপৰা এইটো অনুমান কৰিবলৈ অসুবিধা নহয় যে, এই উৰিয়াসকলৰ কিছু মানুহ উৰা মাটি বিচাৰি উত্তৰ পূৰ্বাঞ্চললৈ প্ৰব্ৰজন
কৰি আহিছিল আৰু এটা সময়ত ধৰ্মান্তৰিত হৈ মুছলমান হৈছিল।
অসমৰ হাজং জনগোষ্ঠীৰো বহু ভাষা এইসকল মুছলমানৰ কথিত ভাষাৰ
মাজত প্ৰচলন থকা দেখা যায়। যেনে- বাইগন (বেঙেনা), ঝিঙা (জিকা), সিমা (উৰহী), কলাথোৰ (কলডিল), চাইলথা (ঔ টেঙা), ঝালা, মচি (জলকীয়া), দুধ
(গাখীৰ), মিৰকা মাছ (মিৰিকা মাছ), ফেঁকা
মাছ (ভৌকা মাছ), খইলচা মাছ (খলিহনা), ইচা
মাছ, টাকি মাছ (গৰৈ মাছ), ইলচা মাছ
(ইলিচ), বাঙ্গি, কামৰাঙা (কৰ্দৈটেঙা), জামবুৰা, আতাফল, কুৰাল
(কুঠাৰ), দাও (দা), আংঠি (আঙুঠি),
গামছা (গামোচা) আদি। কোঁচ-ৰাজবংশীসকলৰ ভাষাৰ লগতো বহু শব্দৰ মিল
আছে। যুগ যুগ ধৰি একেলগে বসবাস কৰাৰ ফলত এইবোৰ শব্দ উভয় সম্প্ৰদায়ৰ উমৈহতীয়া
শব্দ হৈছে বুলি ভবাৰ থল আছে।
বহু মুছলমানে সৌসিদিনালৈকে হিন্দু আৰ্হিত নাম ৰাখিছিল। কাৰণ
ধর্মান্তৰিত হৈ ইচলাম ধৰ্মত দীক্ষিত হ’লেও আৰবী শব্দৰ ভঁড়াল চহকী নোহোৱাৰ কাৰণে হিন্দু আৰ্হিতে নাম ৰাখিবলৈ
বাধ্য হৈছিল। উদাহৰণ স্বৰূপে পুৰুষৰ ক্ষেত্ৰত যদু, মধু,
নীলচান, লালচান, ফুলচান, সদৰ, মিঠু, ভেলু, কানাই, মেঘা, মেঘু, ফটিক আদি আৰু নাৰীৰ ক্ষেত্ৰত- তাৰাভানু, নয়ন ভানু,
জ্যোৎস্না, সুন্দুৰী, ৰূপচী,
বেউলা আদি। বহু ছলমানৰ উপাধি এতিয়ালৈকে হিন্দু আৰ্হিত থকা দেখা
যায়। যেনে- বিশ্বাস, ভূঁঞা, মল্লিক
আদি। ক্ষেত্ৰ ভিত্তিক গৱেষণা চলালে এনেকুৱা আৰু বহু তথ্য পোহৰলৈ আহিব বুলি ভবাৰ থল
আছে।
বিবাহ উৎসৱতো হিন্দুসকলৰ বহু আচাৰ-পৰম্পৰা পালন কৰে
মুছলমানসকলে। দৰা-কইনাক ধান-দুবুৰিৰে বৰণ কৰা, দৰা-কইনাক মাহ-হালধি সানি গা ধোওৱা, দৰা-কইনাৰ লক্ষণ
বিচাৰতো হিন্দু নীতিকে পালন কৰা দেখা যায়। কিছুদিন আগলৈকো সেন্দুৰ নহ'লে মুছলমান সমাজত বিবাহ নহৈছিল। বিবাহ উৎসৱত বোকা ছটিয়াই ধেমালি কৰা
(এয়া হোলীৰে সংস্কৰণ বুলি ভবাৰ থল আছে।), মুছলমান ছোৱালীয়ে
মাটিৰ পুতলা তৈয়াৰ কৰি দৰা-কইনা সজাই খেলা, বেজ-কবিৰাজৰ
জৰা-ফুকাৰ সময়ত দেৱ-দেৱীৰ দোহাই দি তন্ত্র-মন্ত্ৰ ব্যৱহাৰকৰা, হাতৰ ৰেখা চাই ভাগ্য গণণা কৰা, পূর্ণিমা ও অমাৱস্যাৰ
ব্রত পালনকে আদি কৰি এশ এবুৰি পৰম্পৰা পালন কৰে মুছলমানসকলে। ভূত-প্রেতত বিশ্বাস,
অসুখ-বিসুখৰপৰা মুক্তি পাবলৈ দেৱ-দেৱীলৈ ভোগ আগবঢ়োৱা, গোবৰক পবিত্র জ্ঞান কৰাকে আদি কৰি ইচলাম ধৰ্মৰ পৰিপন্থী বহু পৰম্পৰা
এতিয়াও প্ৰচলিত হৈ আছে মুছলমান সমাজত। এইবোৰৰ প্ৰতি লক্ষ্য কৰি এইসকল মুছলমান যে
এটা সময়ত হিন্দু আছিল সেয়া সহজে অনুমান কৰিব পাৰি।
শিক্ষা-দীক্ষাত আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰে কিছু
ৰীতি-নীতি, আচাৰ-অনুষ্ঠান,
পৰম্পৰা ত্যাগ কৰিবলৈ লৈছে যদিও এতিয়ালৈকে বহু পৰম্পৰা মুছলমান
সমাজত ৰৈ আছে। হাজাৰ হাজাৰ বছৰ ধৰি গঢ়লৈ উঠা এইবোৰ পৰম্পৰা, ৰীতি-নীতি ত্যাগ কৰিবলৈ হয়তো আৰু বহু দিন লাগিব।
প্রাক্ৱিটিচ
শাসন কালত হিন্দু-মুছলমান সম্পর্ক।
ব্ৰিটিচসকল ভাৰতলৈ অহাৰ আগলৈ ভাৰতীয় হিন্দু-মুছলমানৰ মাজত
ঐক্যৰ সম্পৰ্ক বিৰাজ কৰি আছিল। হিন্দুই মুছলমানক আৰু মুছলমানে হিন্দুক হিংসা কৰা
নাছিল। ইয়াৰ কাৰণো অৱশ্যে আছিল। বংগৰ মুছলমান সমাজ সাধাৰণতঃ চুফী মতবাদৰ ওপৰত
প্ৰতিষ্ঠিত আছিল। খাঁটি চৰিয়তী অৰ্থাৎ কোৰাণৰ সম্পূৰ্ণ অনুসাৰী নাছিল। ফলত চুফী
মতবাদৰ ইচলামৰ লগত বাঙালী সংস্কৃতিৰ মতবিৰোধ হোৱা নাছিল। চুফীমৰ মুছলমানসকলে অতি
সহজেই বাঙালী হিন্দুৰ যোগমাৰ্গ ও অন্যান্য আধ্যাত্মিক সাধনমাৰ্গৰ লগত আপোচ কৰিবলৈ
সমৰ্থ হৈছিল।
এইটো লক্ষণীয় যে, উত্তৰ ভাৰতৰ মুছলমানৰ মনোভাব বা আৰবী পাৰ্চীৰ সমন্বয়ত গঢ়লৈ উঠা
সভ্যতা-সংস্কৃতি, ৰীতি-নীতি, চিন্তা- ভাৱনাই
কিছু বছৰ আগলৈকো বাঙালী মুছলমানৰ জীৱনত সিমান কাৰ্যকৰী প্ৰভাৱ পেলাবপৰা নাছিল। সাধাৰণ
বাঙালী মুছলমান (কিছুমান প্ৰান্ত আৰু কিছুমান বিশেষ গোষ্ঠীৰ বাহিৰে) অভিজাত
মুছলমান সম্পর্কে উদাসীন আছিল। যি দুই চৰিজন আলিম, মৌলবী,
মোল্লা বাঙালী মুছলমানৰ মাজত সৃষ্টি হৈছিল, তেওঁলোক
আৰবী, পাৰ্চী কিতাপৰ মাজতে নিমগ্ন থাকিছিল। বাংলাভাষা চর্চা
কৰা নাছিল। ফলত সেই আৰবী- পাৰ্চী জগতৰ খবৰে সাধাৰণ বাঙালী মুছলমানক ঢুকি পোৱা
নাছিল। কিছু কিছু আৰবী প্রার্থনা, ইচলামিক হাদীছৰ কথা,
ৰূপকথা, কাহিনী (ৰূপকথা আৰু কাহিনীসমূহ পুথি
নামেৰে জনাজাত। এইবোৰ ছন্দোৱদ্ধ ভাবে ৰচনা কৰা হৈছিল আৰু তাত কিছু কাল্পনিক
কাহিনীও সংযোজন কৰা হৈছিল। এইবোৰত হিন্দু সংস্কৃতিৰো প্ৰভাৱ পৰিছিল।
যেনে-কালু-গাজীৰ পুথি, খয়বৰ নামা, কাছাছুল
আম্বিয়া, বিষাদ সিন্ধু আদি) আদি বাংলাভাষাত অনূদিত হৈছিল
যদিও শিক্ষা-দীক্ষাৰ অভাবত বাঙালী ধর্মান্তৰিত মুছলমানে সেইবোৰৰ ৰস্বাদন কৰিবপৰা
নাছিল। সেয়ে বাঙালী হিন্দু ও মুছলমানৰ মাজত পৰম্পৰা ও সংস্কৃতিগত সদ্ভাৱ অটুট
আছিল। তদুপৰি বংগৰ হিন্দু-মুছলমানক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ কে’বাটাও ভক্তি আন্দোলন গঢ়লৈ উঠিছিল। এই ভক্তি আন্দোলন সম্পর্কে ভাৰতীয়
জাতীয় সংহতি নামৰ গ্ৰন্থত আবিদ
হুছেইনে এনেদৰে উল্লেখ কৰিছে- বংগত হিন্দু আৰু মুছলমান উভয় সম্প্রদায়কে
অনুগামী হিচাপে লৈ কে’বাঠাও
ভক্তি আন্দোলন গঢ়ি উঠিছিল; কিন্তু আটাইতকৈ জনপ্ৰিয় হৈছিল
মহান সন্ত চৈতন্য দেৱৰ (১৪৮৫-১৫৩৩)ৰ কৃষ্ণ ভক্তি আন্দোলন। মহাৰাষ্ট্ৰত নানদেৱ
(চতুৰ্দশ শতিকাৰ প্ৰথম ভাগ) আৰু তুতাৰামে (সপ্তদশ শতিকা) ভক্তিধৰ্মক সাধাৰণ জনপ্রিয়
আন্দোলনৰ স্তৰৰপৰা বহু ওপৰলৈ উন্নীত কৰিছিল আৰু সাধাৰণ মানুহ ও বুদ্ধিজীৱী শ্ৰেণীৰ
ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছিল।
এই ক্ষেত্ৰত অসমীয়াৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ সৰ্বকালৰ
গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ নামো বিশেষ ভাবে উল্লেখযোগ্য। একেশ্বৰবাদৰ ভেঁটিৰ ওপৰত
প্ৰতিষ্ঠিত গুৰুজনাৰ এক শৰণ ধৰ্মত কোনো উচ্চবর্ণ, নিম্নবর্ণ,
জাত-পাত, সম্প্রদায়, চণ্ডাল,
ম্লেচ্ছৰ প্ৰভেদ নাছিল। গুৰুজনাই উপলব্ধি কৰিছিল যে, ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত ধৰ্মৰ আশ্ৰয় নোলোৱাকৈ ধৰ্ম নিৰপেক্ষতাৰ শিক্ষা
দিয়া সম্ভৱ নহয়। সেয়ে তেৰাই সমাজৰ ঐক্য-সংহতি, মৈত্ৰীৰ
কথা চিন্তা কৰি ধৰ্ম নিৰপেক্ষ নীতি আদৰ্শৰ ভেঁটিত একশৰণ নামধৰ্ম প্ৰৱৰ্ত্তন
কৰিছিল। তেৰাৰ প্ৰৱৰ্ত্তিত এক শৰণ নামধৰ্মত ব্ৰাহ্মণৰ অনন্ত কন্দলী, কোঁচৰ চিলাৰায়, কায়স্থৰ মাধৱ দেৱ, কৈৱৰ্ত্তৰ পূৰ্ণানন্দ, ভূটীয়াৰ দামোদৰ দেৱ, কছাৰীৰ ৰমাই, আহোমৰ নৰহৰি, গাৰোৰ
গোবিন্দ গৰো আৰু ইচলাম ধৰ্মৰ চান্দসাঁই শৰণলৈ সমন্বয়ৰ এক অনন্য দৃষ্টান্ত দাঙি
ধৰিছিল।
ওপৰত যি কেইগৰাকী মহান সন্তৰ নাম উল্লেখ কৰা হ’ল, তেওঁলোক হিন্দু
ৰহস্যবাদ আৰু ইচলামিক তাছাউফৰ বিশুদ্ধ প্ৰেৰণাৰ সংমিশ্ৰণ কৰি এক ধৰ্মীয় আন্দোলন
গঢ়ি তুলিছিল আৰু ধৰ্মৰপৰা অলংকাৰবোৰ আঁতৰাই ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ভক্তিৰ
সমন্বয় কৰি সমগ্ৰ ভাৰতক একগোট কৰিব পৰা এক ধৰ্মীয় আদর্শ দাঙি ধৰিছিল। যাৰ ফলত
হিন্দু মুছলমানৰ মনত সংকীর্ণতাই স্থান পোৱা নাছিল ।
তদুপৰি মুছলমান শাসকসকলে ধৰ্মৰ ক্ষেত্ৰত উদাৰ নীতি গ্ৰহণ
কৰিছিল । এই ক্ষেত্ৰত বাদচাহ আকবৰ সকলোতকৈ আগৰণুৱা আছিল ৷ হিন্দু-মুছলমানক একতাৰ
ডোলেৰে বান্ধিবলৈ তেও ‘দীন
ইলাহী’ নামৰ এক নতুন ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল।
পাৰস্যৰ সম্রাট আব্বাছ ছাফাৰীলৈ লেখা তেওঁৰ এখন চিঠিৰ তলত দিয়া অংশৰপৰা প্ৰকাশ
পাইছে যে, তেওঁৰ মনত এক ধৰ্ম নিৰপেক্ষ অসাম্প্ৰদায়িক
ৰাষ্ট্ৰৰ ধাৰণা সুস্পষ্ট হৈ আছিল। তেওঁ চিঠিত লেখিছিল- ‘ঈশ্বৰে
আমাৰ হাতত ন্যস্ত কৰা বিভিন্ন সম্প্রদায়বোৰ আমাৰ কাৰণে স্বৰ্গীয় সম্পদ। আমি তেওঁলোকক
তেনেকৈয়ে ভাল পাব লাগিব। আমাৰ গভীৰ বিশ্বাস হোৱা উচিত যে, প্ৰতিটো
ধৰ্মই তেওঁৰ (স্ৰষ্টাৰ) আশীৰ্বাদপুষ্ট আৰু বিশ্বসনীয়। সহিষ্ণুতাৰ চিৰসেউজীয়া
ফুলনিৰ শান্তি উপভোগ কৰিবলৈ আমাৰ একান্ত চেষ্টা থকা উচিত। অনন্তকালৰ সম্রাটজনাই
কোনো পার্থক্য বিচাৰ নকৰাকৈ সকলো শ্ৰেণীৰ মানুহৰ প্ৰতি আশীৰ্বাদ বৰষে। ঈশ্বৰৰ ছাঁ
মাথোন ৰজাসকল, এই নীতি কেতিয়াও বিসর্জন দিয়া উচিত নহয়।”
দিল্লীৰ চুলতানী যুগৰ শেষৰ ফালে স্বাধীন হৈ পৰা সৰু সৰু
ৰাজ্যবোৰত হিন্দু আৰু মুছলমানৰ মাজত ভাৱ আৰু আদৰ্শৰ গভীৰ সাদৃশ্য আৰু বিনিময় দেখা
গৈছিল। এই ৰাজ্যবোৰ (বিশেষকৈ দাক্ষিণাত্যৰ ৰাজ্যবোৰ) মুছলমান শক্তিৰ কেন্দ্ৰৰপৰা
বহু দূৰত সম্পূৰ্ণ হিন্দু পৰিৱেশত আছিল। সেয়ে ক্ষুদ্র শাসকসকলে দিল্লীৰ বিৰুদ্ধে
স্বতন্ত্রতা সাৱ্যস্ত কৰিবলৈ হিন্দু প্ৰজাৰ শুভেচ্ছা আৰু সহযোগৰ ওপৰত নিৰ্ভৰ
কৰিবলগা হৈছিল। তেওঁলোকৰ ক্ষুদ্ৰ পৰিৱেশৰ মাজত তেওঁলোক জনসাধাৰণৰ অধিক ওচৰ চাপিবলৈ
সুযোগ পাইছিল আৰু জনসাধাৰণৰ মনোভাৱ ও অনুভূতিক সন্মান জনাই চলিছিল। সৰু-ডাঙৰ
চাকৰিত হিন্দুসকলক নিয়োগ কৰি ৰাজ্যৰ প্ৰশাসনত হিন্দুসকলক সহযোগী কৰি তুলিছিল। গতিকে
হিন্দু প্ৰজাৰ লগত যোগাযোগ আৰু প্ৰজাসকলৰ প্ৰীতি অৰ্জন কৰিবলৈ শাসকসকল সফল হৈছিল।
ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শত বিশ্বাসী শাসকসকলৰ ভিতৰত বংগৰ শাসক
সকলো অন্যতম আছিল। বংগৰ শাসক হুছেইন শ্বাহ (১৪৯৩- ১৫১৮) আৰু তেওঁৰ পুতেক
নাছিৰুদ্দিন শ্বাহে (১৫১৮-১৫৩৩) আন আন প্ৰজা হিতৈষী কামৰ লগতে ভাষাৰ জৰিয়তে
প্রজাসাধাৰণৰ মাজত সমন্বয়ৰ চেষ্টা কৰিছিল। তেওঁলোকে সংস্কৃত ভাষাৰ গ্ৰন্থসমূহ
বাংলাভাষালৈ অনুবাদ কৰোৱাই বাংলাভাষাক সমৃদ্ধ কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। হুছেইন
শ্বাহৰ নিৰ্দ্দেশত মালাধাৰ বসুই ভাগৱত গীতা বাংলালৈ অনুবাদ কৰিছিল। নাছিৰুদ্দিন
শ্বাহৰ পৃষ্ঠপোষকতাত মহাভাৰত অনুবাদ কৰা হৈছিল। আন এগৰাকী মুছলমান শাসকে
কৃত্তিবাসৰ জৰিয়তে ৰামায়ণ অনুবাদ কৰাইছিল। নবাব আলিবর্দি খাঁৰ সময়ত দেওয়ান, তন-দেওয়ান, বক্চী
প্রভৃতি সাতটা গুৰুত্বপূৰ্ণ পদৰ ছয়টা পদে হিন্দুসকলে অলংকৃত কৰিছিল। একমাত্র
মুছলমান বক্চী আছিল মিজাফৰ। ১৯ জন জমিদাৰৰ মাজত ১৮ জনেই হিন্দু আছিল।
কাশ্মীৰৰ শাসক জয়নাল আবেদিনে ১৪২৭ খ্রীষ্টাব্দত সিংহাসনত
আৰোহণ কৰিয়ে চিকন্দ্ৰৰ লোডীৰ নিষ্ঠুৰ ব্যৱহাৰত অতিষ্ঠ হৈ কাশ্মীৰ ত্যাগ কৰি যোৱা
বৃহৎ সংখ্যক হিন্দু ব্ৰাহ্মণক পুনৰ কাশ্মীৰলৈ মতাই নিছিল আৰু তেওঁ হিন্দুসকলৰ বাবে
এটি মন্দিৰ নিৰ্মাণ কৰাই দিছিল।
কৰ্ণেল মাইলচে ‘হিষ্ট’ৰী অফ মাইচৰ’ত উল্লেখ
কৰিছে যে, টিপু চুলতানে ৩৫৬ টা হিন্দু মন্দিৰলৈ আৰ্থিক
অনুদান আগবঢ়াইছিল। হিন্দুসকলৰ মঠ নিৰ্মাণ কৰা হৈছিল। হিন্দু পীড়ক বুলি অপবাদ থকা
ঔৰংজেৱে এলাহাবাদৰ সোমেশ্বৰ দেৱালয়, কাশ্মীৰৰ জংঘমবাৰী
শিৱমন্দিৰ, উজ্জয়িনীৰ মহাকানেশ্বৰ মন্দিৰ, চিত্রকূট বালাজী মন্দিৰ আৰু মহাৰাষ্ট্ৰৰ নানদেৱ জিলাৰ গুৰু মন্দিৰ
নিৰ্মাণৰ বাবে সাহায্য আগবঢ়াইছিল। গুৱাহাটীৰ উমানন্দ মন্দিৰৰ ব্যয় বহনৰ ভাবে
হিন্দুৰজাই যি সম্পত্তি দান কৰিছিল তাৰ ওপৰত কৰ্তৃত্ব বজায় ৰখাৰ ব্যৱস্থা কৰিছিল
ঔৰংগজেৱে। কামাখ্যা মন্দিৰৰ ভূমিপট্টনো ঔৰংগজেৱে দিছিল বুলি জনা যায়। ওঠৰশ শতিকাত
অযোধ্যাৰ তীৰ্থক্ষেত্ৰসমূহে মুছলমান দেৱানসকলৰ আনুকুল্য লাভ কৰিছিল বুলি জনা যায়
৷ বাহমণি ৰাজ্যৰ প্ৰতিষ্ঠাতা হাচান গংগুই তেওঁৰ হিন্দু বন্ধু গংগুৰ চেষ্টাত
সিংহাসন দখল কৰিছিল আৰু কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে তেওঁ মাথোন গংগুক উজিৰৰ পদ ন্যস্ত
কৰিয়ে ক্ষান্ত থকা নাছিল, বৰং গংগু নামটো ৰাজবংশৰ উপনাম
হিচাপে ব্যৱহাৰ কৰাৰ লগতে নিজৰ নামৰ শেষতো উপনাম হিচাপে ব্যৱহাৰ কৰিছিল। এনেকুৱা
বহু উদাৰতাৰ নিদৰ্শন ইতিহাসৰ পাতে পাতে লিপিৱদ্ধ হৈ আছে।
মুছলমান শাসকসকলে ধর্মীয় দিশতে মাথোন হিন্দুসকলৰ লগত উদাৰ
মনোভাৱ পোষণ কৰা নাছিল; বৰং
স্থাপত্য ক’লাৰ ক্ষেত্ৰতো উদাৰতা অৱলম্বন কৰিছিল। হিন্দু
সংস্কৃতি আৰু ইচলামিক সংস্কৃতিৰ মাজত সমন্বয় স্থাপনৰ কাৰণে যত্ন কৰিছিল। ফলত কে’বা শতিকা ব্যাপী ভাৰতবৰ্ষত হিন্দু- মুছলমানৰ মাজত শান্তি-সম্প্রীতি অটুট
আছিল।
আহোম স্বৰ্গদেউ সকলো এই ক্ষেত্ৰত পিছপৰা নাছিল। সোশ শতিকাৰ
আগভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা আজান ফকিৰক আহোম স্বৰ্গদেউ প্রতাপ সিংহই
শিৱ সাগৰৰ ওচৰৰ সৰাগুৰি চাপৰিত মছজিদ সাজি দিছিল আৰু দুকুৰি ভকতেৰে তাত থাকি ইচলাম
ধৰ্ম প্ৰচাৰৰ সুবিধা প্ৰদান কৰি দিছিল। এইদৰে আহোম স্বৰ্গদেউসকলে ধর্মীয় সহনশীলতা
আৰু মানৱীয়তাৰ বহল পৰিচয় দাঙি ধৰিছিল।
১৭৫৭ চনৰ ২৩ জুনত সংঘটিত হোৱা পলাচীৰ যুদ্ধত মিজাফৰ, উমিচাঁদ, জগত শেঠহঁতৰ
বিশ্বাসঘাতকতাৰ ফলত ব্ৰিটিচে চিৰাজ-উদ-দৌলাক পৰাস্ত কৰি ভাৰতৰ বুকুত খোপনি পোতে
আৰু ব্ৰিটিচৰ আগমনৰ পাছতে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল শিথিল হ’বলৈ ধৰে। কাৰণ ব্ৰিটিচে শাসনভাৰ চম্ভালিয়ে শাসনৰ সুবিধাৰ কাৰণে ভেদনীতিৰ আশ্ৰয়লৈ
হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে সচেষ্ট হৈছিল আৰু এই
ক্ষেত্ৰত তেওঁলোক সফলো হৈছিল। ব্ৰিটিচে বিয়পাই থৈ যোৱা সেই বিষবাষ্প সম্প্ৰতিও
ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় জীৱনত সক্ৰিয় হৈ আছে।
যাৰ ফলত স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আৰু স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত কে’বাটাও সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈ গৈছে। এইবোৰ সংঘর্ষই মাথোন ধন-জনেই
ক্ষতি কৰা নাই, বৰং আমাৰ সমাজ জীৱনতো ইয়াৰ গভীৰ কু-প্ৰভাৱ
পৰিছে। সম্প্ৰীতিও কিছু কিছু দল সংগঠনে এই সাম্প্রদায়িক মনোভাৱ জীয়াই ৰখাৰ কাৰণে
সক্ৰিয় হৈ আছে। সাম্প্রদায়িক মনোভাবে কেতিয়াও সমাজ তথা দেশৰ মংগল সাধন কৰিব
নোৱাৰে; বিভেদ, অশান্তি, উত্তেজনা বিয়পাই পাকে-প্ৰকাৰে স্বৈৰতান্ত্রিক শাসন-শোষণ জীয়াই ৰখাতহে
সহায় কৰে। গতিকে সমাজ তথা দেশৰ বৃহত্তৰ স্বাৰ্থৰ কথা চিন্তা কৰি আমাৰ সমাজ জীৱনৰ
অভিশাপ স্বৰূপ এই সাম্প্রদায়িক মনোভাব ত্যাগ কৰাৰ কাৰণে প্ৰতি গৰাকী দায়িত্বশীল
নাগৰিক যত্নশীল হোৱা উচিত। কাৰণ এয়া সম্প্ৰতি সময়ৰ আহ্বান।
ব্রিটিচ শাসন কালত মুছলমানৰ অৰ্থনৈতিক
আৰু শৈক্ষিক অনগ্ৰসৰতাৰ
কাৰণ৷
ব্ৰিটিচসকলে মুছলমানৰ হাতৰপৰা শাসন ক্ষমতা কাঢ়ি নিছিল। সেয়ে
প্রথমাৱস্থাৰপৰাই ব্ৰিটিচসকলে স্বাভাৱিকতে মুছলমানসকলক সন্দেহৰ চকুৰে চাইছিল। ফলত
ব্ৰিটিচ আৰু মুছলমানৰ মাজত ঘৃণাৰ মনোভাৱ এটা গা কৰি উঠিছিল। যাৰ ফলত হৃত গৌৰৱ
উদ্ধাৰৰ বাবে মুছলমানসকলে ফকিৰ বিদ্রোহ, ওহাবি আৰু ফৰাজীৰ দৰে আন্দোলন গঢ়ি তুলি ব্ৰিটিচসকলক ব্যতি-ব্যস্ত কৰি
তুলিছিল। শান্তিময় ৰায়ে এই ক্ষেত্ৰত তেওঁৰ ‘মালদহ মামলা’
নামৰ গ্ৰন্থত লেখিছে- পলাচী যুদ্ধৰ পাছত আৰু চিপাহী বিদ্ৰোহৰ
পৰৱৰ্ত্তী পৰ্যায়ত ডেৰ লাখ মুছলমান ছহিদৰ পৰিসংখ্যা পোৱা যায়। ইয়াৰ ভিতৰত
মৌলবীসকলৰ সংখ্যা আছিল সাতাৱন হাজাৰৰ ওচৰা-উচৰি। ফলস্বৰূপে ব্ৰিটিচসকলে নিজৰ কর্মক্ষেত্ৰত
সহযোগিতা পোৱাৰ কাৰণে মুছলমানসকলক এলাগী কৰি হিন্দুসকলৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ
বাধ্য হৈছিল। সংখ্যাগুৰু হিন্দুসকলক সন্তুষ্ট কৰি ৰাখিব পাৰিলে মুছলমানসকলে
তেওঁলোকৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিব বুলিও ব্রিটিচসকল দৃঢ় নিশ্চিত আছিল। ব্ৰিটিচসকলৰ এই মনোভাবে মুছলমানসকলক
অধিক ব্ৰিটিচ বিৰোধী কৰি তুলিছিল। বিশেষতঃ মুছলমানসকলৰ এই ব্ৰিটিচ বিৰোধী মনোভাৱৰ প্ৰতি
লক্ষ্য কৰিয়ে ব্ৰিটিচসকলে মুছলমানসকলক পূৰ্বৰ সকলো সুযোগ-সুবিধাৰপৰা বঞ্চিত কৰি
হিন্দুসকলৰ ফালে সহযোগিতাৰ হাত আগবঢ়াইছিল। হিন্দুসকলেও পৰিৱৰ্ত্তিত অৱস্থাৰ লগত
নিজকে খাপ খুৱাই প্ৰকাৰন্তৰে ব্ৰিটিচসকলক আদৰি লৈছিল। ফলত ব্রিটিচসকল হিন্দুৰ
কাৰণে হৈ পৰিছিল বন্ধু ও হিতাকাংক্ষী আৰু পক্ষান্তৰে মুছলমানসকলৰ প্ৰতি বিদ্বেষৰ
মনোভাৱ পোষণ কৰিছিল। এই বিদ্বেষৰ মনোভাৱ পোষণ কৰাৰ সমান্তৰাল ভাবে ব্ৰিটিচসকলে
মুছলমানৰ হাতৰপৰা সাৰ্বভৌমত্ব আৰু মৰ্যদা কাঢ়ি নি এলাগী কৰি ৰাখিছিল। ফলত মুছলমানসকলে
নতুন পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ কাৰণে ওহাবী আৰু ফৰাজীৰ দৰে আন্দোলন গঢ়ি
তুলিছিল। এই দুই আন্দোলন প্ৰথমাৱস্থাত ইচলাম ধৰ্মক পৰিশোধিত ৰূপত প্ৰতিষ্ঠা কৰাৰ
কাৰণে ধর্মীয় আন্দোলন হিচাপে গঢ়ি তোলা হৈছিল যদিও শেষৰ পৰ্যায়ত আৰ্থ-সমাজিক আৰু
ৰাজনৈতিক দিশকো সামৰি লৈছিল।
ওহাবী আৰু ফৰাজী আন্দোলন আর্থ-সামাজিক দিশত প্রত্যক্ষ বাবে
থিয় দিয়াৰ লগতে পৰোক্ষ ভাবে ব্ৰিটিচ চৰকাৰৰ দুই স্তম্ভ জমিদাৰ আৰু নীলকসকলৰ
বিৰুদ্ধেও থিয় দিছিল। আনহাতে ফৰাজী আৰু ওহাবী আন্দোলনৰ মাজত সম্বন্ধ আছিল ঠিকেই; কিন্তু দুই আন্দোলনৰ উদ্দেশ্য আৰু চৰিত্ৰ
সম্পূৰ্ণ বেলেগাছিল। ফৰাজী আন্দোলন প্রথমাৱস্থাত বংগদেশত আৰম্ভ হৈছিল আৰু কৃষক
শ্ৰেণীৰ মাজত জনপ্রিয়তা অৰ্জন কৰিছিল। কিন্তু এই আন্দোলনে ভাৰতৰ ৰাজধানী দিল্লীত
সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাছিল। অৱশ্যে শেষৰ পৰ্যায়ত এই
আন্দোলনেই চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ ফলত ব্ৰিটিচ চৰকাৰ আৰু
মুছলমানৰ মাজত সন্দেহৰ শিপাডাল দকৈ শিপাইছিল আৰু চৰকাৰ ও মুছলমানৰ সম্পৰ্ক
তিক্ততাপূৰ্ণ কৰি তুলিছিল। ব্ৰিটিচৰ বিৰুদ্ধে লাগি থকাৰ ফলত পৰিৱৰ্ত্তিত
পৰিস্থিতিৰ লগত নিজক খাপ খুৱাব নোৱাৰি মুছলমানসকল লাহে লাহে ৰাজনৈতিক আৰু
অর্থনৈতিক ভাবে হিন্দুসকলতকৈ পিছপৰি গৈছিল। এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য
প্ৰদেশৰ তুলনাত পূৰ্ববংগৰ মুছলমানৰে ক্ষতি হৈছিল সৰ্বাধিক।
অৱশ্যে
নবাব মুর্চিদকুলি খাঁৰ হঠকাৰি সিদ্ধান্তৰ ফলত ওঠৰ শতিকাৰ মাজ ভাগৰ পৰাই পূৰ্ববংগৰ
এই পশ্চাদপদতাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এই পশ্চাদপদতাৰ কাৰণ আছিল ৰাজধানী
স্থানান্তৰ ৷ মুৰ্চিদকুলি খাঁই ওঠৰ শতিকাৰ প্ৰথম ভাগত ঢাকাৰপৰা ৰাজধানী
মুর্চিদাবাদলৈ স্থানান্তৰ কৰিছিল৷ ফলত ভূ-স্বামী, ব্যৱসায়ী
আৰু ৰাজধানীৰ ওপৰত নিৰ্ভৰশীল গোষ্ঠী মুৰ্চিদাবাদলৈ উঠি আহিছিল৷ সেয়ে পূর্ববংগ
সর্বতো প্ৰকাৰে অৱহেলিত হৈ পৰিছিল আৰু ভাৰতবৰ্ষৰ এটি পশ্চাপদ প্ৰদেশত পৰিণত হৈছিল।
ভূতৰ ওপৰত দানহ পৰাদি ব্ৰিটিচসকলে ৰাজধানী পুনৰ মুৰ্চিদাবাদৰপৰা কলিকতালৈ
স্থানান্তৰ কৰাৰ ফলত পূৰ্ববংগ আগতকৈও অধিক অৱহেলিত হৈ পৰিছিল।
প্রাক্ব্রিটিচ যুগত মুছলমানসকল চাকৰি-বাকৰিৰ ক্ষেত্ৰত
হিন্দুসকলতকৈ বহু আগবঢ়া আছিল। সিহঁতে সৈন্য বিভাগ আৰু অসামৰিক বিভাগসমূহ
নিয়ন্ত্ৰণ কৰিছিল। ফৈজদাৰি আদালতৰ সকলো জুৰি মুছলমান আছিল। (অৱশ্যে এইটো ঠিক যে, চাকৰি মুছলমানৰ নিয়ন্ত্ৰণত থাকিলেও
অর্থনৈতিক ভাবে হিন্দুসকলহে আগবঢ়া আছিল।) ১৮৩৭ চনৰ আগলৈকে হিন্দু-মুছলমানৰ চাকৰিৰ
অনুপাত আছিল ৭:৬ অর্থাৎ ৭ জন হিন্দুৰ বিপৰীতে ৬ জন মুছলমান। কিন্তু জাত যোৱাৰ
ভয়তে হওঁক নাইবা ব্ৰিটিচৰ লগত তিক্ততাপূৰ্ণ সম্বন্ধৰ ফলতে হওঁক অথবা অর্থনৈতিক
কাৰণতে হওঁক ১৮৩৩ চনলৈকে মুছলমানসকলে ইংৰাজী শিক্ষা গ্ৰহণ কৰা নাছিল। পক্ষান্তৰে
ব্ৰিটিচসকলে প্ৰচলন কৰা নতুন পৰিস্থিতিৰ লগত নিজক খাপ খুৱাই ইংৰাজী শিক্ষা গ্ৰহণ
কৰি হিন্দুসকল দোপত-দোপে চৰকাৰী চাকৰিত নিয়োগ হৈছিল। ফলত চাকৰি- বাকৰিৰ ক্ষেত্ৰত
মুছলমানসকল হিন্দুসকলতকৈ বহু পিছপৰি গৈছিল। ১৮৩০ চনৰপৰা ১৮৭১ চনৰ সময় ছোৱাত
হিন্দু-মুছলমানৰ চাকৰিৰ অনুপাত হয়গৈ ৭:১ অর্থাৎ সাতজন হিন্দুৰ বিপৰীতে এজন
মুছলমান। অর্থাৎ শতকৰা হিচাপত মাথোন ৫.৯ জন। আনহাতে হিন্দু চাকৰিয়ালৰ সংখ্যা
হয়গৈ শতকৰা ৪১ জন। এই তাক্ৰীয়া সংখ্যক চাকৰিয়ালৰ মাজত আকৌ ধর্মান্তৰিত বাংলাভাষী
মুছলমান চাকৰিয়ালৰ সংখ্যা খুবেই নগণ্য আছিল। একেবাৰে নাছিলেই বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব।
অতি পৰিতাপৰ কথা যে, ধর্মান্তৰিত মুছলমানসকল বহুদিনলৈ নৃতাত্ত্বিক সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ
সক্ষম হোৱা নাছিল। ইচলামিক পণ্ডিতসকলে ঘোষণা কৰে যে, ইচলাম
ধৰ্মত কোনো জাতিভেদ নাই। সকলো মুছলমান ভাই ভাই। ইচলাম জন্মৰ দাবী স্বীকাৰ নকৰে,
কৰ্মৰ দাবীহে স্বীকাৰ কৰে। ইচলাম ধৰ্মত মাথোন দুটাই জাতি--- নৰ আৰু
নাৰী। কিন্তু বুৰঞ্জীবিদসকলে ইচলামিক সমাজত ওঠৰটা শ্ৰেণী চিহ্নিত কৰিছে। ঊনৈছ
শতিকাৰ প্ৰথম ভাগত পূৰ্ববংগৰ মুছলমান সমাজো ওঠৰটা ভাগত বিভক্ত আছিল। কিন্তু বহুল
ভাবে বাংলাভাষী মুছলমান সমাজ তিনিটা ভাগত বিভক্ত আছিল। (১) আশ্বৰাফ বা শ্বৰীফ।
এইসকল মুছলমান উচ্চবংশজাত এওঁলোক আছিল বিদেশৰপৰা প্ৰব্ৰজন কৰি অহা মুছমান। ছৈয়দ, শ্বেইখ, মল্লিক, মির্জাসকল
এই শ্ৰেণীৰ মুছলমান (২) আযলাফ বা অট্টাপ। এওঁলোক আছিল নিম্নবৰ্ণ হিন্দুৰপৰা ধর্মান্তৰিত
মুছলমান। আট্টাপসকল আকৌ চাৰিটা ভাগত বিভক্ত আছিল। তাৰে এটা ভাগ আছিল আৰ্জল। এওঁলোক
পতিত হিন্দুৰপৰা ধর্মান্তৰিত মুছলমান। এইসকল মুছলমানৰ লগত অভিজাত মুছলমানৰ সম্বন্ধ
খুব মসৃণ নাছিল। অভিজাত শ্ৰেণীৰ মুছলমানে নিম্ন শ্ৰেণীৰ মুছলমানক অৱজ্ঞাৰ দৃষ্টিৰে
দেখিছিল। (সাধাৰণতে সাংস্কৃতিক আৰু আকৃতিলৈ চাই জাতি ভাগ কৰা হয় যদিও ভাৰত আৰু
পাকিস্থানত সামাজিক মর্যদাৰ ওপৰত ভিত্তি কৰিহে মুছলমানসকলক বিভাজন কৰা হয়।) এই
অভিজাত শ্ৰেণীৰ মুছলমানৰ সংখ্যা খুবেই নগণ্য আছিল; কিন্তু
সমাজত প্রতিপত্তি আছিল তেওঁলোকৰে বেছি। ১৮৯১ চনৰ লোকপিয়ল অনুসৰি পূৰ্ববংগৰ মুঠ
জনসংখ্যা আছিল ১,৯৫,৮২,৩৪৯ জন। ইয়াৰে অভিজাত মুছলমানৰ সংখ্যা আছিল মাথোন ২,৬৪,১৪৬ জন। অর্থাৎ শতকৰা ১৩ জন। কিন্তু দুর্ভাগ্যজনক
কথা এয়ে যে, এই দুই শ্ৰেণী মুছলমানৰ মাজত যোগসূত্র স্থাপনৰ
বাবে কোনো মধ্যম শ্রেণী নাছিল। যাৰ ফলত ধর্মান্তৰিত মুছলমানসকলৰ সামাজিক আৰু অর্থনৈতিক
উন্নয়নৰ বাবে উদ্যোগ লোৱাৰ বাবে কোনো মানুহ নাছিল। সেয়ে এই ধর্মান্তৰিত
মুছলমানসকল বহুদিনলৈ অৱহেলিত হৈ আছিল আৰু লাহে লাহে আর্থিক ভাবে পিছপৰি গৈছিল।
প্ৰাক্ব্ৰিটিচ যুগ আৰু ব্রিটিচ যুগত যিসকল মুছলমান শিক্ষিত
ও চাকৰিজীৱী আছিল সেইসকলৰ সৰহ সংখ্যকে আৰব, ইৰাণ আৰু ইৰাকৰপৰা প্ৰব্ৰজিত অভিজাত মুছলমান আছিল। তেওঁলোকৰ ভাষা আছিল
আৰবী, উর্দূ আৰু পাৰ্চী। আনহাতে তেতিয়া শিক্ষাৰ মাধ্যমো আছিল
পাৰ্চী। শিক্ষাৰ মাধ্যম পাৰ্চী হোৱাৰ কাৰণে তেওঁলোক বিশেষ ভাবে লাভবান হৈছিল। ফলত
শিক্ষাৰ ক্ষেত্ৰত অভিজাত মুছলমানসকল আগবঢ়া আছিল। বিশেষকৈ উত্তৰ পশ্চিম সীমান্ত
আৰু অযোধ্যাৰ মুছলমানসকল কলেজীয়া শিক্ষাত হিন্দুতকৈও আগবঢ়া আছিল। উর্দু আৰু
পাৰ্চী আদালতৰ ভাষা হোৱাৰ কাৰণে তেওঁলোক চাকৰি-বাকৰিৰ ক্ষেত্ৰতো বিশেষ ভাবে লাভবান
হৈছিল। উত্তৰ প্ৰদেশত শিক্ষাৰ মাধ্যম উর্দূ হোৱাৰ কাৰণে উত্তৰ প্ৰদেশতো তেওঁলোক
শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া আছিল। তেওঁলোক মুঠ জনসংখ্যাৰ ১৪.১ শতাংশ আছিল যদিও
তেওঁলোকৰ ছাত্ৰৰ সংখ্যা আছিল ১৮৯১ চনত ১৮:০৬, ১৯০১ চনত ১৯.৭
আৰু ১৯১৬-১৭ চনত ২০.৮ শতাংশ।
পক্ষান্তৰে ঊনৈছ শতিকাৰ
শেষৰ ফালে ধর্মান্তৰিত মুছলমানৰ জনসংখ্যা অধিক আছিল আৰু জনসংখ্যাৰ সমান্তৰাল ভাবে
পশ্চাদপদতাও অধিক আছিল। ১৮৭১ চনৰ লোকপিয়ল অনুসৰি পূৰ্ববংগৰ মুঠ জনসংখ্যাৰ ৪৮.৮
শতাংশ মুছলমান আছিল আৰু বিছ বছৰ পাছত অর্থাৎ ১৮৯১ চনত মুছলমানৰ মুঠ জনসংখ্যা হয়গৈ
১,৯৫,৮২,৩৪৯ জন আৰু হিন্দু জনসংখ্যা হয়গৈ ১,৮০,৬৮,৬৫৫ জন। অর্থাৎ মুঠ জনসংখ্যাৰ ৪৮.৫ শতাংশই
মুছলমান আছিল। এই
জনসংখ্যাৰ তালিকাত শতকৰা হিচাপত ৰাজশাহী ডিভিজনত ৫৬, ঢাকা
ডিভিজনত ৫৯ আৰু চিটাগাং ডিভিজনত ৬৭.৪ জন মুছলমান আছিল। কিন্তু শিক্ষা-দীক্ষাৰ
ক্ষেত্ৰত মুছলমানসকলৰ অৱস্থা তেনেই পুতৌজনক আছিল। ১৮৭১ চনত য'ত মুছলমান জনসংখ্যা ৪৮.৫ জন আছিল ত’ত মুছলমান ছাত্ৰৰ
সংখ্যা আছিল মাথোন শতকৰা ২৯ জন। আনহাতে হিন্দু জনসংখ্যা আছিল শতকৰা ৫০ জন; কিন্তু তেওঁলোকৰ ছাত্ৰৰ সংখ্যা আছিল শতকৰা ৭০ জন। ১৮৭৫ চনত প্রেচিডেন্সী
কলেজত মুছলমান ছাত্ৰৰ সংখ্যা আছিল শতকৰা ৫.৪ জন আৰু পক্ষান্তৰে হিন্দু ছাত্ৰৰ
সংখ্যা আছিল শতকৰা ৯৩.৯ জন। ১৮৮০-৮১ চনত বিশ্ববিদ্যালয় বা বৃত্তিমূলক শিক্ষানুষ্ঠানত
মুছলমান ছাত্ৰৰ সংখ্যা আছিল শতকৰা ৪.১ জন। সেই একে সময়তে হাইস্কুলত মুছলমান
ছাত্ৰৰ সংখ্যা আছিল শতকৰা ৮.৩,মজলীয়া বিদ্যালয়ত শতকৰা ১২.৬
জন আৰু প্ৰাইমাৰী বিদ্যালয়ত শতকৰা ২১.৭ জন। ২১.৭ শতাংশ আছিল মাদ্ৰাছা আৰু ১৩.৩ শতাংশ
অন্যান্য
১৯০৫ চনৰপৰা ১৯১১ চনলৈ মুছলমান ছাত্ৰৰ এন্ট্রান্স পৰীক্ষাত
অৱতীৰ্ণ আৰু উত্তীৰ্ণৰ হাৰ আছিল তলত দেখুৱা ধৰণে-
১৯০৫ চনত মুঠ পৰীক্ষাৰ্থী আছিল- ৭,২৭৬ জন আৰু উত্তীৰ্ণ হৈছিল- ৩,০২১ জন। ইয়াৰে মুছলমান পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল- ২০৬ জন। অর্থাৎ শতকৰা
৬.৮ জন।
১৯১১ চনত মুঠ পৰীক্ষাৰ্থী আছিল- ৬,১৭৪ জন আৰু ইয়াৰে উত্তীৰ্ণ হৈছিল- ৪,৩৪১ জন। ইয়াৰে মুছলমান পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল- ৪২১ জন অর্থাৎ শতকৰা
৯.৭ জন।
কিন্তু দুর্ভাগ্যৰ কথা যে, ওপৰোল্লিখিত
পৰিসংখ্যাৰ ভিতৰত ধৰ্মান্তৰিত মুছলমান ছাত্ৰৰ সংখ্যা সম্ভৱতঃ খুবেই নগণ্য আছিল।
কাৰণ এক তথ্যৰ পৰা দেখা যায় যে, অভিজাত মুছলমানৰ সন্তান
ছৈয়দ আমিৰ আলিয়ে য’ত ১৮৭২ চনত এম, এ
পাছ কৰিছিল ত'ত ধর্মান্তৰিত মুছলমানৰ সন্তান অহিদুল নবী আৰু
আব্দুল লতিফ ১৮৫৪ চনত মাথোন নিম্ন ছাত্রবৃত্তি পৰীক্ষাতহে উত্তীৰ্ণ হৈছিল।
W.W Hunter এ ১৮৭১ চনত The Musalman নামৰ গ্ৰন্থত মুছলমানসকল হিন্দুতকৈ পশ্চাদপদ হৈ থকাৰ কাৰণ ফঁহিয়াই আলোচনা
কৰিছিল। তেওঁৰ আলোচনাত বংগৰ মুছলমানসকল পশ্চাপদ হৈ থকাৰ কাৰণ স্পষ্ট ভাবে ওলাই
পৰিছিল । সেয়ে মুছলমানসকলক অর্থনৈতিক আৰু ৰাজনৈতিক ভাবে সবল কৰাৰ কাৰণে ১৯০৫ চনৰ
১৬ অক্তোবৰত বৃহত্তৰ বংগক পূৰ্ববংগ আৰু পশ্চিম বংগ হিচাপে বিভাজন কৰা হয়। লর্ড
কার্জনৰ পৰিকল্পনা অনুসৰি অসম, চট্টগ্রাম, ঢাকা, ৰাজশাহী বিভাগকলৈ (দার্জিলিঙক বাদ দি কিন্তু
মালদহ আৰু পার্বত্য ত্ৰিপুৰা জিলাক অন্তৰ্ভূক্ত কৰি) পূৰ্ববংগ আৰু অসম প্ৰদেশ গঠন
কৰা হয়। এই নতুন প্ৰদেশৰ আয়তন আছিল ১,০৬,৫০৪ বর্গ মাইল আৰু জনসংখ্যা আছিল ৩ কোটি ১০ লাখ জন। ইয়াৰে ১ কোটি ৮০ লাখ
আছিল মুছলমান আৰু ১ কোটি ২০ লাখ আছিল হিন্দু। পূর্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী
কৰা হৈছিল ঢাকা। এই বিভাজনৰ ফলত পূৰ্ববংগৰ মুছলমান সমাজৰ ৰাজনীতিত প্ৰাণ চাঞ্চল্য
সৃষ্টি হয়। উন্নয়নৰ স্পৰ্শ লাগে ঢাকাত। ঢাকাত নতুন অফিচ, সচিবালয়,
ব্যৱসায়-বাণিজ্য ও শিল্প প্রতিষ্ঠান গঢ়লৈ উঠে। পূৰ্ববংগ আৰু অসমৰ
প্ৰতিটো শাখাত নতুন প্রাণ শক্তি আৰু উদ্দীপনা পৰিলক্ষিত হয়; কিন্তু ইয়াৰ দ্বাৰাও বাংলাভাষী ধর্মান্তৰিত মুছলমানসকল লাভবান হ’বপৰা নাছিল। ভাষাৰ সমস্যা, অভিজাতসকলৰ গাঁও অঞ্চলত
শিক্ষা বিস্তাৰৰ কাৰণে অনীহাৰ মনোভাব আৰু অৰ্থনৈতিক বৈষম্যই এই পশ্চাদপদতাৰ অন্যতম
কাৰণ আছিল।
প্ৰাগজ্যোতিষপুৰীয়া ধৰ্মান্তৰিত মুছলমানসকল মূলতঃ কৃষিজীৱী
আছিল আৰু শিক্ষা-দীক্ষা, ৰাজনীতি,
অর্থনীতি আদি সকলো ফালৰপৰা পিছপৰা আছিল ৷ ধৰ্মান্তৰিত মুছলমানসকলৰ
দৰেই নিম্নবৰ্ণ হিন্দুৰ অৱস্থাও পুতৌজনক আছিল৷ কাৰণ এই দুই সম্প্ৰদায়ৰ মানুহ
কৃষিজীৱী আছিল যদিও মাটিৰ মালিকীস্বত্ব, ব্যৱসায়-বাণিজ্যকে
আদি কৰি সকলো বৰ্ণহিন্দু আৰু কিছু অভিজাত মুছলমানৰ অধিকাৰত আছিল। নাঙল আছিল এই দুই
সম্প্ৰদায়ৰ কিন্তু মাটি আছিল বৰ্ণহিন্দু আৰু অভিজাত মুছলমানৰ দখলত। এই দুই
সম্প্রদায় বাস কৰিছিল গাঁও অঞ্চলত আৰু উচ্চবৰ্ণৰ হিন্দু আৰু অভিজাত মুছলমানসকল
বাস কৰিছিল চহৰাঞ্চলত। চহৰত হিন্দুৰ বসতি আছিল শতকৰা ৬৭.১ জন আৰু মুছলমানৰ বসতি
আছিল শতকৰা মাথোন ২৯.৯ জন। চহৰাঞ্চলত বাসকৰা এই মুছলমানৰ সৰহ সংখ্যকে আকৌ আৰৱ,
ইৰাণ আৰু ইৰাকৰপৰা প্রব্রজিত মুছলমান আছিল।
ধর্মান্তৰিত মুছলমানসকল ভাষাৰ ক্ষেত্ৰতো অন্তৰ্দ্ধৰ্দ্ধত ভুগিব লগা হৈছিল। আৰব, ইৰাণ, ইৰাকৰ পৰা অহা মুছলমানসকল
হিন্দী আৰু পাৰ্চীৰ সংমিশ্ৰণত উদ্ভুত ঊর্দূ ভাষাত কথা-বতৰা পাতিছিল। আনহাতে
প্রকৃতিগত ও জন্মগত ভাবে ধর্মান্তৰিত মুছলমানৰ মাতৃভাষা বাংলা আছিল। কিন্তু
ধর্মীয় সম্প্রদায় হিচাপে ভিন্ন ভাবে চিহ্নিত কৰাৰ কাৰণে মুষ্টিমেয় আশ্বৰাফ
সম্প্ৰদায়ৰ মুছলমানে তেওঁলোকক ঊর্দু ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল।
এই বাংলা আৰু উৰ্দু বিতৰ্ক বহুদিনলৈ চলিছিল আৰু আশ্বৰাফসকলে ধর্মান্তৰিত মুছলমানৰ
মাতৃভাষা বাংলাক আওকাণ কৰি আৰবী, পাৰ্চী ভাষাত শিক্ষা গ্ৰহণ
কৰিবলৈ আঁকোৰগোজ ভাবে লাগি আছিল। কিন্তু বাংলাভাষী মুছসলমানসকলে ঊৰ্দু আৰু পাৰ্চী
বুজি নোপোৱাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত বিশেষ আগ্রহ দেখুৱা নাছিল। অর্থনৈতিক কাৰণৰ
সমান্তৰাল ভাবে ভাষা সমস্যাও মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতাৰ অন্যতম কাৰণ
আছিল।
নানা বিভিন্নতা আৰু অসুবিধা থকা সত্ত্বেও সেই সময়ৰ
ধৰ্মান্তৰিত মুছলমানৰ পথপ্ৰদৰ্শক ছৈয়দ আমিৰ আলি আৰু আব্দুল লতিফে শিক্ষাৰ মাধ্যম
ঊৰ্দু হোৱাটোকে সমর্থন কৰিছিল। বাঙালী হিন্দুৰ বাবে বাংলা আৰু বাঙালী ধৰ্মান্তৰিত
মুছলমানকে আদি কৰি সকলো মুছলমানৰ কাৰণে শিক্ষাৰ মাধ্যম উর্দূ হ’ব লাগে বুলি ছৈয়দ আমিৰ আলিয়ে শিক্ষা
আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছিল। হিন্দু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি প্রণয়ন কৰা
পাঠ্যপুথিসমূহ মুছলমানৰ কাৰণে উপযোগী নহয় বুলি এই দাবিৰ স্বপক্ষে যুক্তি দাঙি
ধৰিছিল। কিন্তু ধর্মান্তৰিত মুছলমানৰ স্বপক্ষে প্রতিনিধিত্ব কৰাৰ কাৰণে কোনো যোগ্য
ধর্মান্তৰিত মুছলমান নথকাৰ কাৰণে এক নগণ্য সংখ্যক আশ্বৰাফ শ্ৰেণীৰ মুছলমানে বৃহৎ
সংখ্যক ধর্মান্তৰিত মুছলমানক প্রতিনিধিত্ব কৰিছিল। ঢাকা জিলাত ৫ শতাংশ উর্দুভাষী
মুছলমানৰ বিপৰীতে বাংলাভাষী মুছলমানৰ সংখ্যা আছিল ৯৬.৬ শতাংশ, ৰাজশাহীত ১.০৭ শতাংশ উর্দুভাষীৰ বিপৰীতে বাংলাভাষী মুছলমানৰ সংখ্যা আছিল
৯৪.২ শতাংশ, চিটাগাঙত ০.১১ শতাংশ উর্দুভাষীৰ বিপৰীতে
বাংলাভাষী মুছলমানৰ সংখ্যা আছিল ৯২.০২ শতাংশ। এই আত্মঘাতী পদক্ষেপৰ ফলত বাংলাভাষী
ধর্মান্তৰিত মুছলমানে আৰবী, পাৰ্চী ও উর্দুতো আয়ত্ব কৰিব
নোৱাৰিলেই বিপৰীত পক্ষে মাতৃভাষা বাংলাও ভালদৰে শিকিব নোৱাৰিলে। সেয়ে তেওঁলোকে
আৰবী, পাৰ্চী আৰু উর্দূৰ সংমিশ্ৰণত উদ্ভুত এক মিশ্রিত দোৱানত
কথা-বতৰা পাতিব লগা হৈছিল। দেশীয় ভাষাত এই মিশ্রিত ভাষাক ‘পেটুইচ’
বুলি কোৱা হৈছিল। পেটুইচ ভাষী ধর্মান্তৰিত মুছলমানকে বাঙালী মুছলমান
বুলি চিহ্নিত কৰা হৈছিল।
বিদ্যুৎসাহী মুছলমান ছাত্রই আন এক সমস্যাৰ সন্মুখীন হৈছিল।
তেওঁলোকে একেটা সময়তে পাঁচটা ভাষা শিকিব লগা হৈছিল। আৰবী আৰু পাৰ্চী ধৰ্মৰ কাৰণে, উর্দূ মৰ্যদাৰ কাৰণে আৰু বাংলা ও ইংৰাজী
চাকৰি-বাকৰিত নিয়োগৰ কাৰণে। পক্ষান্তৰে হিন্দু ছাত্ৰই বাংলা, সংস্কৃত আৰু ইংৰাজী এই তিনিটা ভাষা শিকিব লগা হৈছিল। মুছলমান ছাত্রই একে
সময়ত পাঁচটা ভাষা শিকিব লগা হোৱাত কোনোটোতে পূর্ণ দক্ষতা অর্জন কৰিবপৰা নাছিল।
(লক্ষ্যণীয় যে, অসম তথা ভাৰতবৰ্ষৰ বহু মাদ্ৰাছা, চিনিয়ৰ মাদ্ৰাছা আৰু খাৰেজী মাদ্রাছাত এই ব্যৱস্থা বর্তমানেও প্রচলিত হৈ
আছে। আধুনিক বিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰী ধৰ্মীয় শিক্ষাৰ নামত এতিয়াও
ৰাতিপুৱা মক্তৱত অধ্যয়ন কৰে আৰু পাছত বিদ্যালয়লৈ যায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ
মূৰত অতিৰিক্ত চাপ পৰে। ফলত বহুতো ছাত্ৰ-ছাত্ৰী মূল আধুনিক শিক্ষাত আশানুৰূপ ফলাফল
প্ৰদৰ্শন কৰিবলৈ ব্যর্থ হয়। এষাৰ কথা ক’লে হয়তো বঢ়াই কোৱা
নহ’ব যে, কোনো কোনো ক্ষেত্ৰত আৰবীয়ান
মুছলমানতকৈও যেন আমাৰ ভাৰতবৰ্ষৰ এচাম মুছলমান আৰবীয়ান সংস্কৃতিৰ প্ৰতি অধিক
আগ্রহী। এই মানসিকতাই মুছলমানসকলক ভাৰতৰ অন্যান্য জাতি-গোষ্ঠীৰপৰা ক্ৰমান্বয়ে
দূৰলৈ আঁতৰাই পঠাই আছে আৰু ইয়াৰে সুযোগলৈ আৰ, এচ, এচৰ দৰে সাম্প্ৰদায়িক সংগঠনবোৰে নানা ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ
সূত্ৰপাত কৰিছে।) তদুপৰি আৰ্থিক অনগ্ৰসৰতা ও জমিদাৰসকলৰ অনীহাৰ ফলতো ধর্মান্তৰিত
মুছলমানসকল শিক্ষা- দীক্ষাৰ ক্ষেত্ৰত পিছপৰি গৈছিল।
ধর্মান্তৰিত মুছলমানসকল মূলতঃ গাঁও অঞ্চলত বসবাস কৰিছিল।
জমিদাৰ সকলে গাঁও অঞ্চলত শিক্ষা বিস্তাৰৰ কাৰণে অনীহা প্রকাশ কৰিছিল। জমিদাৰসকলৰ
এই অনীহাৰ কাৰণ হিচাপে ৰমেশ চন্দ্ৰ দত্তই এনেদৰে মন্তব্য কৰিছে- ‘দুখীয়া ৰায়তী প্ৰজাসকল যেতিয়া হিচাপ- নিকাচ
কৰিবলৈ শিকিব, তেতিয়া জমিদাৰৰ কৰ্মচাৰীসকলে সিহঁতক ঠগোৱাই
উপৰুৱা আয় কৰাৰ সুযোগ হেৰুৱাব। জমিদাৰসকলে তেতিয়া দুই তিনি টকাৰ গোমস্তা ৰাখিব
নোৱাৰিব। কাৰণ গোমস্তাসকলৰ উপৰুৱা আয়ৰ উৎস একেবাৰে বন্ধ হৈ যাব। ইমান কম দৰমহাত
তেতিয়া কোনে কাম কৰিব?’ এইদৰে নিজৰ স্বাৰ্থৰ কথা চিন্তা
কৰিয়ে জমিদাৰসকলে গাঁও অঞ্চলত শিক্ষা বিস্তাৰৰ বিৰোধিতা কৰিছিল। ইয়াৰ লগতে তেতিয়াৰ
অভিজাত শ্ৰেণীৰ লোকসকলেও জমিদাৰসকলৰ লগত সুৰ মিলাইছিল। তেতিয়াৰ অভিজাত কেন্দ্ৰিক
সংবাদ পত্ৰ আৰু অভিজাত শ্ৰেণীৰ লোকসকল একলগ হৈ হাজাৰ কণ্ঠত একেলগে চিঞৰি গাঁও
অঞ্চলত শিক্ষা বিস্তাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। অভিজাতসকলৰ এই মনোভাৱৰ বাবে
নিম্নবৰ্ণৰ বাঙালী হিন্দু আৰু ধৰ্মান্তৰিত মুছলমানসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছ
পৰি গৈছিল। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰাৰ লগে লগে চাকৰি বাকৰি, ব্যৱসায়-বাণিজ্য আদিৰ ক্ষেত্ৰতো পিছপৰি গৈছিল আৰু আৰ্থিক ভাবে কোঙা হৈ
পৰিছিল। যাৰ ফলত তেতিয়াৰ ব্ৰিটিচ চৰকাৰ আৰু অসমৰ বুদ্ধিজীৱীসকলৰ আহ্বানক্রমে এই
শোষিত-বঞ্চিত লোকসকল মাটি বিচাৰি তাহানিৰ প্ৰাগজ্যোতিষপুৰ- কামৰূপৰ ৰত্নপীঠৰ
ভূমিৰপৰা কামপীঠ আৰু সুৱৰ্ণপীঠলৈ আন্তঃপ্ৰব্ৰজন কৰি আহিছিল।
। আন্তঃপ্ৰব্ৰজনৰ অন্যান্য
কাৰণ।।
ধর্মান্তৰিত মুছলমান আৰু নিম্নবৰ্ণৰ হিন্দুসকল অর্থনৈতিক
ভাবে দুৰ্বল হোৱাৰ আন এক কাৰণ আছিল চিৰস্থায়ী বন্দোৱস্ত। ১৭৯৩ চনত লর্ড
কৰ্ণবালিচে চিৰস্থায়ী বন্দোৱস্ত আইন প্ৰৱৰ্তন কৰে। এই আইনৰ ফলত কৃষকসকলে মাটিৰ
মালিকানা স্বস্ত হেৰুৱায় আৰু জমিদাসকল মাটিৰ মালিক হৈ পৰে। ফলত জমিদাৰসকলে
প্ৰজাসাধাৰণৰ পৰা যধে-মধে খাজনা আদায় কৰাৰ সুযোগ লাভ কৰে। এই সুযোগৰ অপব্যৱহাৰ কৰি
প্ৰাকৃতিক দুর্যোগ যেনে- অতি বৃষ্টি বা অনাবৃষ্টি তথা বানপানীৰ ফলত সময়মতে খাজনা
পৰিশোধ কৰিব নোৱাৰিলে কৃষকসকলক ভেটি-মাটিৰপৰা উচ্ছেদ কৰা হৈছিল আৰু নানা অজুহাতত
কৰ আৰোপ কৰি প্ৰজাসাধাৰণৰ ওপৰত নিৰ্যাতনমূলক ও অনমানৱীয় ব্যৱস্থা চপাই দিয়া
হৈছিল । জমিদাসকলৰ এই অত্যাচাৰৰপৰা কৃষকসকলক সকাহ দিািয়াৰ কাৰণে ১৮৫৯ চনত বাংলা
প্রজাস্বস্ত আইন প্রণয়ন কৰা হয়। এই আইনৰ জৰিয়তে তিনি শ্রেণী প্রজা সৃষ্টি কৰা
হয়। (১) চিৰস্থায়ী বন্দোৱস্তৰ আগত যিসকলৰ পূৰ্বপুৰুষ মাটিৰ মালিক আছিল। (২) যিসকলে
বাৰ বছৰ বা ততোকৈ অধিক সময় মাটি দখল কৰি আছিল। (৩) যিসকল বাৰ বছৰতকৈ কম সময় ধৰি
মাটিৰ মালিক আছিল। কিন্তু এই আইনৰ জৰিয়তেও কৃষকসকলৰ দখলীস্বস্ত অঁটুট ৰখা বা
তেওঁলোকক জমিদাৰসকলৰ অত্যাচাৰৰপৰা ৰক্ষা কৰা সম্ভৱ হোৱা ছিল। কাৰণ খাজনাৰ হাৰ
স্থায়ী ভাবে নিৰ্দ্ধাৰণ নকৰাৰ ফলত জমিদাৰসকলে ইচ্ছামতে খাজনা বৃদ্ধি আৰু কৰ আৰোপ
কৰিছিল। সেই বৰ্দ্ধিত কৰ বা খাজনা পৰিশোধ কৰিব নোৱাৰিলে কৃষকসকলক মাটিৰপৰা উচ্ছেদ
কৰা হৈছিল। সেয়ে জমিদাসকলে আৰোপ কৰা অতিৰিক্ত খাজনা ও কৰৰ চাপত উপায়হীন হৈ
কৃষকসকলে মহাজনসকলৰপৰা উচ্চ সুতৰ হাৰত ঋণ ল’বলৈ বাধ্য হৈছিল। এটা সময়ত জমিদাৰ আৰু মহাজনসকলৰ অত্যাচাৰত কৃষকসকলৰ
দুৰ্দশা চৰম পৰ্যায় পাইছিলগৈ। তেতিয়া বিহাৰ, উৰিষ্যা,
ছোটনাগপুৰলৈকে বাংলা প্রেচিডেন্সীৰ অন্তৰ্গত আছিল আৰু বাংলা প্ৰদেশৰ
আয়তন আছিল ১ লাখ ৮৯ হাজাৰ বৰ্গ মাইল। ১৮৯১ চনৰ লোকপিয়ল অনুসৰি বাংলা
প্ৰেচিডেন্সীৰ জনসংখ্যা ৭ কোটি ৫০ লাখৰ ওপৰত আছিল । অতিৰিক্ত জনসংখ্যা, যাতায়ত সমস্যা আৰু বৃহৎ আয়তনৰ বাবে প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত চাপ সৃষ্টি
হৈছিল । সেয়ে পূৰ্ববংগৰ বিস্তীর্ণ এলেকা দীর্ঘ দিন ধৰি অৱহেলিত হৈ আছিল। ফলত
পূৰ্ববংগৰ প্ৰশাসন ব্যৱস্থা আছিল দুৰ্বল আৰু অদক্ষ। প্রশাসন কার্যকৰী আৰু সক্ৰিয়
নাছিল। জনকল্যাণ আৰু প্ৰদেশৰ উন্নয়নৰ বাবে যি অর্থ ব্যয় কৰা হৈছিল সেয়া
প্রয়োজনৰ তুলনাত খুবেই নগণ্য আছিল। প্রশাসকৰ অৱহেলা আৰু ব্ৰিটিচসকলে প্ৰৱৰ্তন কৰা
নতুন পৰিস্থিতিৰ লগত নিজক খাপ খুৱাবলৈ অসমৰ্থ হৈ পূৰ্ববংগৰ ধর্মান্তৰিত মুছলমান
আৰু নিম্নবৰ্ণৰ হিন্দুসকল শিক্ষা-দীক্ষা, ৰাজনৈতিক আৰু
অৰ্থনৈতিক ভাবে যথেষ্ট পিছপৰি গৈছিল৷
দেখাত চিৰস্থায়ী বন্দোৱস্ত কৃষকসকলৰ মংগলৰ কাৰণে প্ৰৱৰ্তন
কৰা হৈছিল যদিও ইয়াৰপৰা জমিদাৰসকলহে অধিক লাভবান হৈছিল। চিৰস্থায়ী বন্দোৱস্ত
সম্পৰ্কে ৰমেশ চন্দ্ৰ দত্তই তেওঁৰ ‘বাংলাৰ কৃষক সমাজ’ নামৰ গ্ৰন্থৰ ভূমকিািত এইদৰে
লেখিছে- ‘চিৰস্থায়ী বন্দোৱস্ত লৰ্ড কৰ্ণৱালিচৰ সীমাহীন ভুল।
মুছলমান শাসনৰ আমোলত মাটিৰ মালিকানা স্বস্ত সামগ্রিক ভাবে আছিল ৰাষ্ট্ৰৰ ।
জমিদাৰসকল আছিল খাজনা আদায়কাৰী প্রতিনিধিহে মাথোন। কিন্তু চিৰস্থায়ী বন্দোৱস্তত
মাটিৰ মালিকানা স্বস্ত ৰায়তসকলক দিয়া নহ’ল, দিয়া হ’ল কৃষকসকলৰ বংশ-পৰম্পৰাগত অত্যাচাৰী
জমিদাসকলক। এই বন্দোৱস্তৰ ফলত দেশত যি ভয়ংকৰ দুৰ্দ্দৈৱ অৱস্থাৰ সৃষ্টি হ’ল, পৃথিবীৰ ইতিহাসত তেনেকুৱা অৱস্থা আৰু ক’তো ঘটা নাই। হুমূৰ আইন চালু কৰাৰ সকলো দোষ আছিল লৰ্ড কৰ্ণৱালিচৰ।' ইয়াৰ ফলত জমিদাৰ আৰু তেওঁলোকৰ তাবেদাৰসকলৰ অত্যাচাৰ চৰম পৰ্যায় পাইছিল
বুলি ৰমেশ চন্দ্ৰ দত্তই গ্ৰন্থখনত উল্লেখ কৰিছে। এই প্ৰসংগত ৰমেশ চন্দ্ৰ দত্তই ছাৰ
ই, কোলব্ৰুকৰ উক্তিৰ সমৰ্থনত নিজৰ মন্তব্যত লেখিছে- এই
চিৰস্থায়ী বন্দোৱস্তৰ ভুলৰ দুটা দিশ আছে। মাটিৰ ওপৰত কৃষকৰ অধিকাৰ স্বস্ত বিলোপ
কৰি সম্পূৰ্ণ দখলী স্বস্ত একমাত্র জমিদাৰৰ এই ভয়ংকৰ ব্যৱস্থাক স্বীকৃতি দিয়াটো
আছিল প্রথমটো ভুল আৰু ৰায়তী প্ৰজাৰ লগত ইচ্ছানুযায়ী খাজনা বন্দোৱস্ত ও আদায়
কৰিবলৈ জমিদাৰসকলক অধিকাৰ দিয়াটো আছিল দ্বিতীয়টো ভুল।
চিৰস্থায়ী বন্দোৱস্তৰ ফলত খাজনাৰ পৰিমাণ নিৰ্দ্ধাৰিত হোৱাত
জমিদাৰসকলে উপৰুৱা আয়ৰ বাবে ইচ্ছামতে কৃষকসকলৰ ওপৰত আবওয়াব আৰু মাথাত নামৰ এক
প্ৰকাৰ আমোদকৰ আৰোপ কৰিছিল। মাথাত হিন্দু দেৱী কালীদেৱীৰ পূজাৰ কাৰণে তোলা হৈছিল।
হোণ্ট ম্যাকেন্জীৰ মতে, ১৯৩০-৩১
চনত বাংলাৰ সৰ্বত্ৰ খাজনা বৃদ্ধিৰ হাৰ আছিল শতকৰা ১০০ ভাগ। ইয়াৰ ফলত কৃষকসকল লাহে
লাহে দিন মজদুৰত পৰিণত হয়। ব্ৰিটিচ চৰকাৰে ৰায়তৰ এই অসুবিধা আঁতৰ কৰাৰ কাৰণে
চিৰস্থায়ী বন্দোৱস্তৰ ভালেখিনি সংশোধন কৰি ১৮৫৯ চনত বংগীয় খাজনা আইন প্রণয়ন কৰে। কিন্তু ইয়াৰপৰা
আশানুরূপ ফল নোপোৱাত পাছৰ পৰ্যায়ত বংগীয় প্রজাস্বত্ব আইন, বাংলাৰ কৃষক খাতক আইন, ফ্রান্সিচ ফ্লাউড কমিচন- ১৯৪০, তেভাগা আইন, বংগীয় বৰ্গাদাৰ নিয়ন্ত্রণ আইন আদি প্ৰণয়ন কৰা হয়। কিন্তু ইয়াৰপৰাও
সাধাৰণ কৃষকসমাজ উপকৃত হ’ব পৰা নাছিল।
নবাবসকলৰ আমোলতো জমিদাৰী প্ৰথা আছিল; কিন্তু জমিদাৰসকলে নিৰ্দ্ধাৰিত সময়ত খাজনা
আদায় দিব নোৱাৰিলে জমিদাৰী নীলাম হোৱাৰ ভয় নাছিল। মাথোন উত্তৰাধিকাৰহে সলনি
হৈছিল। কিন্তু
চিৰস্থায়ী বন্দোৱস্তৰ ফলত নিৰ্দ্ধাৰিত সময়ত খাজনা আদায় দিব নোৱাৰিলে জমিদাৰী
নীলাম হোৱাৰ ভয় আছিল। ফলত জমিদাৰসকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে প্ৰজাৰ সুখ-দুখ
আওকাণ কৰি ইচ্ছামতে খাজনা আদায় কৰিছিল। কাৰণ তেতিয়া মাটি জমিদাৰসকলৰ ব্যক্তিগত
সম্পত্তিৰ পৰ্যায়ভূক্ত আছিল। নিজৰ প্ৰয়োজনত জমিদাৰী বিক্ৰী অথবা বন্ধকত থ’ব পাৰিছিল। প্ৰজাৰ সুখ-দুখৰ কথা ভবাৰ
তেওঁলোকৰ সময় নাছিল বা প্রয়োজন বোধ কৰা নাছিল। চিৰস্থায়ী বন্দোৱস্তৰ ফলত ভাৰতবৰ্ষৰ
অন্যান্য প্রদেশৰ কৃষকৰ তুলনাত পূৰ্ববংগৰ কৃষকসকলৰ অৱস্থা খুবেই মর্মান্তিক হৈ
পৰিছিল। কাৰণ জমিদাৰসকলৰ বেছিভাগেই কলিকতাত বসবাস কৰিছিল। তেওঁলোকৰ অনুপস্থিতিত
তেওঁলোকৰ নিযুক্ত কৰ্মচাৰীয়ে পূৰ্ববংগৰ নিৰীহ কৃষকৰ ওপৰত শোষণ চলাইছিল আৰু ইয়াৰ
সুফল লাভ কৰিছিল কলিকতাত বসবাসকাৰী জমিদাৰসকলে। তদুপৰি জমিদাৰসকলৰ
সুখ-স্বাচ্ছন্দ্যৰ কাৰণে অৰ্থ সংগ্ৰহ কৰা হৈছিল পূৰ্ববংগৰপৰা আৰু সেই অর্থ ব্যয়
কৰা হৈছিল পশ্চিম বংগৰ উন্নয়নৰ কাৰণে। কাৰণ বংগ ভংগৰ আগৰে পৰাই অঘোষিত ভাবে গংগা
নদীৰ পূব পাৰৰ ভূমিভাগক পূৰ্ববংগ আৰু গংগাৰ পশ্চিম পাৰৰ ভূমিভাগক পশ্চিম বংগ
নামেৰে বিভক্ত কৰি ৰাখিছিল।
পূৰ্ববংগৰ অৰ্থকৰী ফচল আছিল পাট। কিন্তু পূর্ববংগত পাট কল
নির্মাণ নকৰি অধিকাংশ পাটকল নিৰ্মাণ কৰা হৈছিল কলিকতাৰ হুগলী নদীৰ পাৰত ৷ ইয়াৰ
ফলত কৃষকসকল পাটৰ প্ৰকৃত মূল্য পোৱাৰপৰা বঞ্চিত হৈছিল। ইফালে ব্ৰিটিচৰ শিল্পনীতিৰ
ফলত ভাৰতীয় শিল্প যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল। ভাৰতীয় ৰেচম ও তুলাৰ কাপোৰ লাভ
ৰাখিও একেমান বিশিষ্ট বিলাতী কাপোৰতকৈ শতকৰা ৫০ ৰপৰা ৬০ টকা কম মূল্যত বিক্ৰী কৰিব
পাৰিছিল৷ গতিকে বিলাতী বস্ত্ৰক সুৰক্ষা দিয়াৰ কাৰণে ব্ৰিটিচ চৰকাৰে ভাৰতীয়
বস্তুৰ ওপৰত ৭০ ৰপৰা ৮০ শতাংশ শুল্ক নিৰ্দ্ধাৰণ কৰিছিল। ইয়াৰ ফলত কুটীৰ শিল্পৰ
লগত জড়িত কাৰ্গিৰসকল ৷ বিশেষকৈ পূৰ্ববংগৰ একাংশ কাৰিগৰ বেকাৰ হৈ পৰিছিল।
ইয়াৰ উপৰিও অনাবৃষ্টি অথবা অতি বৃষ্টিৰ ফলত শস্যৰ উৎপাদন
ব্যাহত হ’লে কৃষকসকলে মহাজনৰপৰা ঋণলৈ খাজনা বা কৰ পৰিশোধ
কৰিব লগা হৈছিল। ঋণৰ পৰিমাণ অধিক হ’লে মহাজনৰ ওচৰত মাটি
বন্ধকতো থ’ব লগা হৈছিল। এইদৰে কৃষকসকল জমিদাৰৰ প্ৰজাৰ উপৰিও
মহাজনৰ ৰায়তত পৰিণত হৈছিল। ফলত সৃষ্টি হৈছিল অধঃস্তন ৰায়ৰ। এই অধঃস্তন ৰায়তৰ
দুর্ভোগৰ সীমা নাছিল। তেওঁলোকে জমিদাৰৰ উপৰিও মহাজনৰসকলৰো বেগাৰ খাটি দিব লগা হৈছিল।
ইয়াৰ উপৰিও আছিল দুর্ভিক্ষৰ তাণ্ডৱ। ১৮৬০ চনৰপৰা ভাৰতত
দহবাৰ দুর্ভিক্ষ হৈছিল আৰু সেই দুর্ভিক্ষৰ তাণ্ডৱত লাখ লাখ মানুহ মৃত্যু মুখত
পৰিছিল। এই দুর্ভিক্ষৰ কাৰণেও কৃষকসকলে মহাজনৰপৰা ঋণলৈ নিঃস্ব-ৰিক্ত হৈ পৰিছিল। এই
পৰিস্থিতিৰ চিকাৰ মাথোন ধর্মান্তৰিত মুছলমানসকলেই হোৱা নাছিল। পূৰ্ববংগৰ
নিম্নবৰ্ণৰ হিন্দুসকলো এই দুর্ভিক্ষৰ চিকাৰ হৈছিল। পূৰ্ববংগত নিম্নবৰ্ণৰ হিন্দুৰ
মাজত নমঃশূদ্ৰসকল সংখ্যা গৰিষ্ঠ আছিল। পূৰ্ববংগ আৰু অসমত নমঃশূদ্ৰসকলৰ জনসংখ্যা
আছিল বিছ লাখ। শেখৰ বন্দ্যোপাধ্যায়ে তেওঁৰ এখন গ্ৰন্থত উল্লেখ কৰিছে যে, তেতিয়া ঢাকা, ৰাজশাহী,
চট্টগ্রামত হিন্দুসকল আছিল মুঠ জনসংখ্যাৰ ৩২.৬২ শতাংশ, ইয়াৰ ভিতৰত নমঃশূদ্ৰসকল আছিল ১৬.৫ শতাংশ। যশোহৰ ও খুলনাৰ মুঠ হিন্দু
জনসংখ্যাৰ ১৩.৭৮ শতাংশ আছিল নমঃশূদ্র। সমগ্র পূর্ববংগত হিন্দু কৃষকৰ ৯০ শতাংশ আছিল
নমঃশূদ্র। হিন্দু ব্রাহ্মণ, বৈশ্য ও কায়স্থসকলৰ শোষণ ও
ঘৃণাৰ ফলত এই নমঃশূদ্ৰসকলো ধর্মান্তৰিত মুছলমানৰ দৰেই অনগ্ৰসৰ আছিল।
শোষণ, নির্যাতন
আৰু অভাৱ-অনাটনে চৰম ৰূপ লোৱাত ধর্মান্তৰিত মুছলমান আৰু নিম্নবৰ্ণৰ হিন্দুসকলৰ
একাংশই বিকল্প চিন্তা কৰিবলৈ বাধ্য হয়। ফলত তেওঁলোকে কৰ্মৰ সন্ধানত দিহিঙে-দিপাঙে
ঢাপলি মেলে। সাহসীসকল গ'ল কল-কাৰখানা আৰু কয়লাৰ খনিসমূহলৈ
আৰু দুৰ্বলবোৰে ঢাপলি মেলিলে মাটিৰ সন্ধানত। এই প্ৰক্ৰিয়াৰ মাজতে কৃষিকৰ্মত দক্ষ
ধর্মান্তৰিত মুছলমানসকল মাটিৰ সন্ধানত ব্ৰিটিচৰ পৃষ্ঠপোষকতাত অসমলৈ উঠি আহে আৰু
থলুৱা অসমীয়াসকলেও তেওঁলোকক আদৰি লয়। অসমীয়াসকলে তেওঁলোকক আদৰি লোৱাৰ কাৰণ
হিচাপে তলত দিয়া কাৰকসমূহকে চিহ্নিত কৰিব পাৰি
(১) মানৰ আক্ৰমণৰপৰা পৰিত্ৰাণ পাবলৈ আহোম স্বৰ্গদেউ পুৰন্দৰ
সিংহই ব্ৰিটিচক আমন্ত্ৰণ কৰি আনিছিল আৰু ব্ৰিটিচে মানক খেদি পুৰন্দৰ সিংহক কতলীয়া
ৰজা পাতিছিল। ইয়াৰ ফলত পুৰন্দৰ সিংহই ব্ৰিটিচক বছৰি ৫০,০০০.০০ টকা কৰ দিব লগা হৈছিল। পুৰন্দৰ সিংহই
এই টকা জনসাধাৰণৰপৰা জোৰ-জুলুমকৈ আদায় কৰিছিল। উল্লেখ্য যে, ইয়াৰ আগতে জনসাধাৰণৰপৰা কৰ আদায় কৰাৰ নিয়ম নাছিল। তেতিয়া প্ৰজাই
ৰাজবিষয়াসকলৰ ঘৰত পাইক হিচাপে খাটি দিব লাগিছিল। ইয়াক পাইক প্ৰথা বুলি কোৱা
হৈছিল। পুৰন্দৰ সিংহই পাইক প্ৰথাৰ উপৰিও কৰ আদায় কৰাত প্রজাসাধাৰণৰ দুখ
কুলাই-পাচিয়ে নধৰা হৈছিল।
প্রফুল্ল ৰায় চৌধুৰীয়ে লেখা ‘উত্তৰ-পূব সীমান্ত অশান্তিৰ মূল কাৰণসমূহ’
নামৰ গ্ৰন্থত উল্লেখ কৰা তথ্যইও এই কথাৰ সত্যতাকে প্রমাণ কৰে। তেওঁ
লেখিছে- অসমৰ দুৰৱস্থাৰ কাৰণ আছিল নতুন ৰাজহ ব্যৱস্থা। আগৰ ৰাজহ ব্যৱস্থাত অসমত
কোনো ভূমি কৰ নাছিল আৰু যি সংগ্ৰহ কৰা হৈছিল সেয়া আছিল বস্তুৰ ওপৰত। ব্ৰিটিচে
প্রত্যক্ষ মুদ্ৰাৰ ভিত্তিত কৰ সংগ্ৰহৰ ব্যৱস্থা প্রণয়ন কৰিছিল। ব্যৱস্থাটো
কাৰ্যকৰী কৰাৰ কাৰণে চৌধুৰী প্ৰতিষ্ঠান প্ৰৱৰ্তন কৰিছিল।...এইদৰে ব্ৰিটিচে অসমত
সৃষ্টি কৰিছিল জনসাধাৰণৰ এক নতুন শ্রেণী, যি শোষণ আৰু
লুণ্ঠনত আছিল নির্মম, ৰঘুমলা জাতীয়, সাধাৰণ
মানুহৰ ওপৰত জীয়াই থকা এক নতুন শ্ৰেণী। আনকি চৰকাৰী নথিপত্ৰয়ো সাৱ্যস্ত কৰে-‘অজ্ঞ আৰু অশিক্ষিত অসমীয়া মানুহৰ কাৰণে হিচাপ আছিল সম্পূৰ্ণৰূপে অবোধগম্য
আৰু ইয়াৰ ফল স্বৰূপে দুৰ্ভগীয়া ৰায়তসকলে দিব লগীয়া হৈছিল যুক্তিসন্মত কৰতকৈও
পাঁচ বা ছয় গুণ বেছি কৰ।
এই অতিৰিক্ত কৰৰ হেঁচাত সৰ্বসাধাৰণ ৰাইজ কোঙা হৈ পৰিছিল।
খোচা-বিন্ধা বুৰঞ্জীত দিলীপ দত্তই প্ৰজা সাধাৰণৰ অৱস্থা সম্পৰ্কে উল্লেখ কৰিছে যে, অন্ধকাৰ আলস্য, অনিশ্চয়তাৰ
চৰম দুখত যদি কেতিয়াবা ল’ৰা-ছোৱালী ডাঙৰ হ’ব লগা হৈছিল তেতিয়া হ'লে উনৈছ শতিকাৰ দ্বিতীয়,
তৃতীয় আৰু চতুৰ্থ দহকত জন্ম লোৱা সকলেই হৈছিল। মানে সর্বস্বান্ত
কৰা সেই সময়ৰ অসমীয়া সমাজ আছিল সম্পূর্ণ সংস্কৃতিবিহীন, সম্পূর্ণ
দিশাবিহীন আৰু সম্পূৰ্ণ প্ৰেৰণা বিহীন। কোনোমতে দুবেলা দুমুঠি খাই-বই জীয়াই থাকিব
পৰাটোৱে আছিল তেওঁলোকৰ জীৱনৰ তৃষ্ণা। দেশ, ডা-ডাঙৰীয়া,
গুৰু-গোসাঁই কাৰো প্ৰতি তেওঁলোকৰ বিশ্বাস নাইকীয়া হৈ পৰিছিল।
খেতি-বাতি বা কাম-কাজ কৰিবলৈও কাৰো ইচ্ছা নাছিল ৷ তেওঁলোকৰ এনে জুৰুলা-জুপুৰা
অৱস্থাতে দেশত কানি সোমাইছিল। সেই যুগৰ বহু নিঃসহায় নিঃসংগ, বহু ব্যর্থ প্রয়াসী অসমীয়ালোকেই কানিক আকোঁৱালি লৈছিল।
শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতো বহু পিছপৰা আছিল তেতিয়াৰ অসমীয়া
সমাজ। কীর্তন, দশম পঢ়িবপৰা
জ্ঞানেই তেতিয়া যথেষ্ট আছিল। ব্রিটিচসকল অহাৰ পাছত লেখা-পঢ়াৰ সুবিধা আহে যদিও
সেই সুবিধা মাথোন চৰকাৰৰ আমোলা, মৌজাদাৰ আৰু আন বিষয়-ববীয়া
সকলৰ সন্তানেহে পাইছিল। বিষয়ববীয়াসকলৰ বেছি ভাগেই আছিল আহোম ৰজাৰ দিনৰ
ডা-ডাঙৰীয়া নাইবা লেখা-পঢ়াৰ জ্ঞান থকা দুৱৰা, কাকতি,
কায়স্থ, কলিতাৰ বংশধৰসকল। হাইস্কুলৰ সকলো
শিক্ষক আছিল কায়স্থ কূলৰ। সেয়েহে ওপৰ অসমৰ হাইস্কুল বিলাকত পাইকৰ ল’ৰাই শিক্ষালাভ কৰিবলৈ যোৱাটো অনধিকাৰ প্ৰৱেশ বুলিয়ে বহু শিক্ষক আৰু
ডা-ডাঙৰীয়াই ভাবিছিল। সেয়েহে শিক্ষকসকলে নানা অজুহাত দেখুৱাই দুখীয়া ঘৰৰ ল’ৰাক নানা ধৰণে শাস্তি আদি দিয়াৰ উপৰিও হাইস্কুলৰ বাহিৰে-ভিতৰে
নিয়মানুৱৰ্ত্তিতা প্ৰৱৰ্তন কৰিবলৈ উপৰ শ্ৰেণীৰ ল’ৰাক মকৰল
কৰিছিল। তেনে ধৰণে মকৰল কৰা ল’ৰাই ডা-ডাঙৰীয়াৰ ল’ৰাৰ ওপৰত মাত মাতিবলৈ বা গাত হাত দিবলৈ কেতিয়াও সাহস নকৰিছিল; কিন্তু সিহঁতে হোৱাই নোহোৱাই পাইকৰ ল’ৰা বা গাঁৱৰ
দুখীয়া মানুহৰ ল’ৰাক নানা ধৰণে উপদ্ৰৱ কৰিছিল। পাইকৰ ল'ৰাই শিক্ষালাভ কৰি তেওঁলোকৰ সতে হাকিম, মৌজাদাৰ
হোৱাটো বা পাইকৰ ল’ৰাই তেওঁলোকৰ ল’ৰাৰ
লগত হাইস্কুলত একেলগে বহি সমানে ফেৰ মৰাৰ বাস্তৱতা সেই সময়ৰ ডা-ডাঙৰীয়া আৰু বহু
শিক্ষকৰ কাৰণে এক প্ৰকাৰ অসহ্য বেদনা আছিল। তেওঁলোকৰ সেই বেদনাৰ সাঁচ বহিছিল পাইক
বা দুখীয়া মানুহৰ ল’ৰাৰ পিঠিত বা গালে-মুখে।'
প্ৰাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত মুছলমান আৰু নিম্নবর্ণ
হিন্দুৰ দৰেই সেই সময়ৰ অসমৰ পাইক বা দুখীয়া মানুহৰ অৱস্থা আছিল। বেলেগ বেলেগ
দুটা কাৰণত আঢ্যৱন্ত আৰু দুখীয়া শ্ৰেণীৰ মানুহে পূৰ্ববংগৰপৰা আন্তঃপ্ৰব্ৰজন কৰি
অহা মানুহবিলাকক সাদৰে আদৰি লৈছিল। আঢ্যৱন্তসকলে আদৰি লৈছিল আৰ্থিক লাভৰ বাবে আৰু
দুখীয়াসকলে আদৰি লৈছিল কৰৰ বোজা লাঘৱ হোৱাৰ আশাত।
(২) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ব্ৰহ্মপুত্ৰ
উপত্যকাৰ জনসংখ্যা প্রায় ১৭ লাখ আছিল। তাৰ পাছত ওঠৰ শতিকাৰ শেষ ভাগত আৰু উনৈছ
শতিকাৰ আগভাগত হোৱা মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ ফলত অসমৰ জনসংখ্যা কমি গৈ
মাথোন আঠ লাখমানহে অৱশিষ্ট আছিলগৈ। প্ৰফুল্ল ৰায় চৌধুৰীয়ে পূর্বোক্ত গ্ৰন্থত
উল্লেখ কৰা মতে অতিৰিক্ত কৰৰ হেঁচাতো বহু ৰায়ত ঘৰ-বাৰী এৰি পলাই গৈছিল। তেওঁ
লেখিছে- ব্ৰিটিচসকল আছিল ডকাইত।..... তেওঁলোকৰ আমোলত সৰ্বসাধাৰণ ৰায়ত ক্ৰমে
নিস্তেজ হৈ পৰিছিল আৰু অনেকেই আন ঠাইলৈ পলাই গৈছিল৷ চৰকাৰী নথিপত্ৰৰ পৰা দেখা যায়
যে, তিনি বছৰৰ ভিতৰত আগতে ৭৮৫ ঘৰ ৰায়ত থকা এখন
গাঁৱতমাথোন ৬৮ ঘৰ ৰায়তহে বাকী আছিলগৈ। ফলত গাঁৱৰ লাখ লাখ বিঘা মাটি ছন পৰি আছিল।
তদুপৰি ১৮৮১ চনৰপৰা ১৮৯১ চনৰ কালচোৱাত ক’লাজ্বৰৰ প্ৰকোপত
অসমৰ জনসংখ্যা অত্যধিক ৰূপে হ্রাস পাইছিল। গোৱালপাৰা মহকুমাৰ ১৮ শতাংশ, নগাঁও জিলাৰ ২৫ শতাংশ, কামৰূপ জিলাৰ ১.৬০ শতাংশ
জনসংখ্যা হ্রাস পাইছিল। ইয়াৰ পাছৰ দহকত (১৮৯১-১৯০১) কামৰূপৰ ৭.১০ শতাংশ, নগাঁও জিলাৰ ২৪.৮০ শতাংশ, দৰং জিলাৰ ৯ শতাংশ লোক
হ্রাস পাছিল। ১৯১১ চনত পূৰ্ববংগৰ মৈমন সিং জিলাত য’ত প্রতি
কিলোমিটাৰত ২৮০ জন লোক বাস কৰিছিল সেই সময়ত অসমৰ নগাঁও জিলাত প্রতি বর্গ
কিলোমিটাৰত বাস কৰিছিল মাথোন ৩১ জন লোকহে।
(৩) ১৯০৫ চনৰ ১৬ অক্তোবৰত লর্ড কার্জনৰ পৰিকল্পনা অনুসৰি
বংগক দুভাগ কৰি পশ্চিম বংগ আৰু পূৰ্ববংগ ও অসম প্রদেশ নামেৰে দুখন প্ৰদেশ গঠন কৰা
হৈছিল। অসম, চট্টগ্রাম, ঢাকা আৰু ৰাজশাহী বিভাগকলৈ পূৰ্ববংগ আৰু অসম প্ৰদেশখন গঠন কৰা হৈছিল। মোগল
আগ্রাসনৰ ফলত প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিৰপৰা বিচ্ছিন্ন হৈ বংগৰ লগত সংলগ্ন হোৱা
মানুহবিলাকে পুনৰ প্ৰাগজ্যোতিষ- কামৰূপৰ ভূমিৰ লগত সংলগ্ন হৈ সাংস্কৃতিক যোগসূত্র
ওভতাই পাই বেহা-বেপাৰ ও সাংস্কৃতিক ভাব বিনিময়ৰ যোগেদি অসমৰ মানুহৰ লগত সুসম্পর্ক
গঢ়ি তুলিছিল। যাৰ ফলত মানুহবিলাকে পূৰ্ববংগৰ জমিদাৰ আৰু মহাজনৰ শোষণৰ পৰা মুক্ত
হোৱাৰ লগতে নিজৰ আৰ্থিক দৈন্যতা আঁতৰ কৰাৰ কাৰণে অসমলৈ উঠি অহাৰ কাৰণে উৎসাহিত
হৈছিল।
(৪) তেতিয়া অসমৰ জনসংখ্যা অত্যধিকৰূপে হ্রাস পোৱাৰ ফলত
গুণাভিৰাম বৰুৱা প্ৰমূখ্যে ব্যক্তিসকলে মানুহৰ বাস্তৱিক প্ৰয়োজনৰ কথা উপলব্ধি কৰি
পূৰ্ববংগৰ কৃষিকৰ্মত দক্ষ মানুহবিলাকক অসমলৈ অনাৰ বাবে তেতিয়াৰ ব্ৰিটিচ চৰকাৰলৈ
পৰামৰ্শ আগবঢ়াইছিল।
(৫) ব্ৰিটিচ চৰকাৰৰ ঔপনিৱেশিক আঁচনি এই আন্তঃপ্ৰব্ৰজনৰ আন
এটা অনুঘটক আছিল। ১৯০৫ চনত বংগ ভংগৰ পাছত তেতিয়াৰ Commissioner তথা North East Frontier ৰ Governor
General Francis Jekins এ যাতায়ত, যোগাযোগ
ব্যৱস্থাৰ উন্নতি আৰু সম্প্ৰসাৰণৰ ওপৰত গুৰুত্বাৰোপ কৰিছিল। যাৰ ফলত প্ৰথম বছৰতে
বৈদেশিক বাণিজ্য ২,৯৮,২৭,৩৯৭ ৰপৰা ৩,১৭,৭৭, ৮৪৬ টকালৈ উন্নীত হৈছিল। এই পৰিমাণ পূৰ্বৰ তুলনাত ১৯,৫০,৪৪৯ টকা অধিক আছিল। চট্টগ্রাম বন্দৰ সম্প্ৰসাৰণ
কৰা হৈছিল। এই সম্প্ৰসাৰণৰ ফলত বৈদেশিক বাণিজ্য বৃদ্ধি পাইছিল। ১৯০৫-০৬ আর্থিক
বছৰত এই বন্দৰৰ মাধ্যমেদি বৈদেশিক বাণিজ্যৰ পৰিমাণ আছিল ৩১৭.৭৬ লাখ টকা। আমদানি ও
ৰপ্তানি উভয় ক্ষেত্ৰতে এই বৃদ্ধি ঘটিছিল। বংগ বিভাজনৰ পাছত পাটৰ চাহিদা ও মূল্য
বৃদ্ধি পাইছিল। ১৯০৬-০৭ বৰ্ষত পাটৰ মূল্য বৃদ্ধি পাই ১৯০৪ বৰ্ষতকৈ প্ৰায় দুগুণ
হৈছিল। গতিকে মৰাপাট খেতিৰ কথা চিন্তা কৰি ব্ৰিটিচ চৰকাৰে পূৰ্ববংগৰ কৰ্মোদ্যমী,
কৃষিকৰ্মত পাকৈত কৃষকসকলক অসমত সংস্থাপন কৰাৰ পোষকতা কৰিছিল । ফলত
পূৰ্ববংগৰ কৃষিকৰ্মত দক্ষ মানুহবিলাকক ব্ৰিটিচ চৰকাৰে
অসমলৈ উঠি অহাৰ বাবে উৎসাহিত কৰিছিল।
(৬) ভাষা, ৰীতি-নীতি,
পৰম্পৰা, আচাৰ-বিচাৰ আদিত সাদৃশ্য থকাৰ বাবেও
মানুহবিলাক উজনিলৈ উঠি অহাৰ বাবে উৎসাহিত হৈছিল।
(৭) ঔপনিবেশিক চৰকাৰ আৰু অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ এচাম
মানুহে এই অবাধ আৰু অৱধাৰিত আন্তঃপ্ৰব্ৰজনত ইন্ধন যোগাইছিল।
(৮) চৰ আৰু দ-দুৰ্গম ঠাইবোৰ কৃষি উপযোগী কৰি তোলাৰ বাবে স্থানীয়
ধনী মানুহবিলাকে নগদ ধন ধাৰে দি কৃষিজীৱী মানুহবিলাকক
আন্তঃপ্ৰব্ৰজনৰ বাবে উৎসাহিত কৰিছিল ৷ কিছুমান তথাকথিত ভদ্রলোকে নিজৰ একচনা
মাটিত, কিছুমানে আকৌ শঠতাৰ আশ্ৰয়লৈ চৰকাৰী মাটিকে
নিজৰ মাটি বুলি কৈ এই লোকসকলক ৰায়তী প্রজা হিচাপে সংস্থাপন দিছিল। শৈলধৰ ৰাজখোৱাৰ
জীৱন সোঁৱৰণত ইয়াৰ বৰ্ণনা দৃষ্টিগোচৰ হয়। তেওঁ লেখিছে যে, কুৰি
শতিকাৰ দ্বিতীয় দহকৰপৰা তৃতীয় দহকলৈ অধিক সংখ্যক বৰপেটীয়া মাটিৰ মালিকে
ভূমিৰপৰা অধিক লাভ আহৰণৰ কাৰণে ব্যস্ত হৈ পৰিছিল। তেওঁলোকে পূৰ্ববংগৰপৰা উঠি অহা
মুছলমানসকলৰ ওচৰত লাভজনক দামত মাটি বিক্রী কৰিছিল। মাথোন মাটি বিক্ৰী কৰিয়ে
ক্ষ্যান্ত থকা নাছিল। মহাজনসকলে সিহঁতক টকাও ধাৰে দিছিল। বৰপেটীয়া মহাজনসকলে
স্থানীয় অসমীয়া মানুহক টকা ধাৰে দিওঁতে সুতৰ হাৰ আছিল শতকৰা দুই শতাংশ অর্থাৎ
দুই টকা; কিন্তু নামনিৰপৰা উঠি অহা কৃষকসকলৰপৰা সুত লৈছিল
এটকাত এক অনা অর্থাৎ এশ টকাত ৬.২৫ টকা। গতিকে এই আন্তঃপ্ৰব্ৰজনৰ কাৰণ অৰ্থনৈতিক হ'লেও ইয়াৰ লগত স্থানীয় মানুহৰ স্বাৰ্থও পূৰামাত্ৰাই নিহিত হৈ আছিল।
১৮৮৩ চনৰপৰা এই প্ৰব্ৰজনৰ সোঁত আৰম্ভ হ'লেও প্ৰকৃতাৰ্থত বংগ ভংগৰ পাছৰপৰা অৰ্থাৎ
১৯০৫ চনৰপৰাহে এই প্ৰব্ৰজনৰ সোঁত বৃদ্ধি পাইছিল আৰু দ্বিতীয় মহাসমৰৰ আগলৈকে এই
প্ৰব্ৰজনৰ সোঁত অব্যাহত আছিল। অৱশ্যে দ্বিতীয় মহাসমৰ চলি থকাৰ সময়তো খাদ্যাভাৱৰ
কাৰণে কিছু মানুহ অসমলৈ উঠি আহিছিল। কাৰণ বিশ্বযুদ্ধ চলি থকাৰ সময়ত এক পৰ্যায়ত
জাপানীসকলে বর্মা(বর্তমান ম্যানমাৰ) দখল কৰি চট্টগ্ৰামৰ উপকূলত আহি উপস্থিত হৈছিল।
শত্ৰু পক্ষক সর্বাত্মক অসুবিধাত পেলোৱাৰ কাৰণে ব্ৰিটিচ চৰকাৰে উপকূলীয় অঞ্চলত
মজুত ৰখা খাদ্য বেলেগ ঠাইলৈ স্থানান্তৰ কৰিছিল। লগতে নৌ যোগাযোগ ব্যৱস্থা
সম্পূৰ্ণৰূপে অচল কৰাৰ কাৰণে সুপৰিকল্পিত ভাবে দেশীয় নৌকাবোৰ ধ্বংস কৰা হৈছিল।
তদুপৰি উদ্ভুত পৰিস্থিতিৰ কাৰণে বৰ্মাৰপৰা চাউল আমদানি বন্ধ হোৱাৰ উপৰিও বৰ্মাৰপৰা
বহু উদ্বাস্তু আহি বংগদেশত প্ৰৱেশ কৰিছিল। ফলত পৰিস্থিতি অধিক অৱনতি হৈছিল।
ইফালে অনাবৃষ্টিৰ ফলত চৰকাৰে খাদ্যবস্তু গুদামজাত কৰি
ৰাখিছিল আৰু ইয়াৰ সুযোগ লৈ অসাধু অর্থলোভী ব্যৱসায়ীসকলেও খাদ্যবস্তু মজুত ৰখাৰ
ফলত দেশত খাদ্য সংকটে দেখা দিছিল। ইয়াৰ উপৰিও দেশত কৰ্ডর্নিং প্রথা চালু ও
খাদ্যবস্তুৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণৰ লগতে জাহাজ ও ৰে’লগাড়ী বংগৰপৰা অপসাৰণৰ ফলত খাদ্যবস্তুৰ
অবাধ সৰবৰাহত বাধাৰ সৃষ্টি হৈছিল। পঞ্জাৱ চৰকাৰে এই সংকট কালত গম, আটা পঠাবলৈ সন্মত হ’লেও কৰ্ডনিং প্রথা চালু থকাৰ
কাৰণে সেয়া আমদানি কৰা সম্ভৱ হোৱা নাছিল। হিন্দু মহাসভাপন্থী কেন্দ্ৰীয় মন্ত্ৰী
বংগৰ মুছলিম লীগ চৰকাৰৰ প্ৰতি বিৰূপ থকাৰ কাৰণেও অন্যান্য প্ৰদেশৰপৰা খাদ্যবস্তু
আমদানিত বাধা সৃষ্টি হৈছিল। ইফালে বিহাৰ আৰু উৰিষ্যা চৰকাৰে তেওঁলোকৰ উদ্বৃত্ত
খাদ্য বংগলৈ সৰৱৰাহ কবিলৈ অস্বীকাৰ কৰিছিল। তদুপৰি চৰকাৰী আমোলাসকলৰ কৰ্ত্তব্যত
ত্রুটি, দায়িত্বহীনতা আৰু মুদ্রাস্ফীতিৰ কাৰণেও পৰিস্থিতিৰ
মাৰাত্মক অৱনতি ঘটিছিল।
এই সংকটজনক পৰিস্থিতিৰ মোকাবিলা কৰাৰ কাৰণে তেতিয়াৰ বংগৰ
খাদ্যমন্ত্ৰী শ্বহীদ সোহৰাবৱাদীয়ে চেষ্টা অব্যাহত ৰাখিছিল যদিও সাম্ৰাজ্যবাদী
ব্ৰিটিচ চৰকাৰে সেইফালে মুঠেই দৃষ্টিপাত কৰা নাছিল। বংগৰ মানুহৰ জীৱনতকৈ সাম্ৰাজ্য
ৰক্ষাটোহে তেওঁলোকৰ কাৰণে অধিক গুৰুত্বপূৰ্ণ আছিল। বহু বাধা-বিঘিনি থকা সত্ত্বেও
সোহৰাবৱাদীয়ে নিজৰ তত্ত্বাৱধানত বিভিন্ন জিলাত খাদ্যবস্তু প্ৰেৰণ কৰিছিল। সৰবৰাহ
বিভাগক জৰুৰী বিভাগ হিচাপে ঘোষণা কৰি অভিজ্ঞ বিষয়াসকলক সেইবোৰ বিভাগ চম্ভালাৰ
কাৰণে দায়িত্বভাৰ দি পৰিস্থিতি উন্নত কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিল৷ চৰকাৰী
প্ৰচেষ্টাত বহু লঙ্গৰখানা খোলা হৈছিল আৰু নিৰন্ন ও নিঃস্ব জনগণৰ কাৰণে আহাৰ ও বাসস্থানৰ
ব্যৱস্থা কৰিছিল। কলিকতা ও অন্যান্য চহৰত ৰেচনিং ব্যৱস্থা চালু কৰা হৈছিল। লীগ
চৰকাৰৰ ঐকান্তিক প্রচেষ্টাত বহুতৰ জীৱন ৰক্ষা কৰা সম্ভৱ হ’লেও উক্ত দুর্ভিক্ষৰ ফলত চৰকাৰী হিচাপ
অনুসৰি ১৫ লাখ আৰু সমসাময়িক অন্যান্য উৎসৰ হিচাপ অনুসৰি ৩৫ লাখ লোকৰ প্ৰাণহানিৰ
তথ্য পোৱা যায়। এই দুর্ভিক্ষৰ ফলতো বহু মানুহ আন্তঃপ্ৰব্ৰজন কৰিছিল বুলি ভবাৰ থল
আছে।
প্রাক্স্বাধীনতা কালৰ লোকপিয়লসমূহলৈ দৃষ্টিপাত কৰিলেও এই
আন্তঃপ্ৰব্ৰজনৰ সত্যতা ওলাই পৰে। ১৯১১ চনৰ লোকয়িলৰ তথ্য অনুসৰি অসমৰ মুঠ মুছলমান
জনসংখ্যা আছিল ২,৫৫,৩২০ জন, ১৯২১ চনত ৫,৮৫,৯৪৩ জন, ১৯৩১ চনত ৯,৪৩,৩৫২ জন। এই সংখ্যা ১৯৪১ চনত ১৩,০৫,৯৬২ (এই তথ্য সাম্ভাৱ্য। কাৰণ ১৯৪১ চনত দ্বিতীয় মহাসমৰৰ কাৰণে লোকপিয়ল
অনুষ্ঠিত হোৱা নাছিল।)জনলৈ বৃদ্ধি পাইছিল। স্বাধীনোত্তৰ কালত হোৱা ৰাষ্ট্ৰীয়
নাগৰিকপঞ্জী আৰু লোকপিয়লসমূহত মুছলমান জনসংখ্যা তলত দেখুৱা ধৰণে প্ৰতিফলিত হোৱা
দেখা যায়। ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল ৮০,২৮,৮৫৬ জন। ইয়াৰে হিন্দু জনসংখ্যা আছিল ৫৭, ৮১,৯৭৪ জন অৰ্থাৎ ৭২ শতাংশ আৰু মুছলমান জনসংখ্যা ১৯,৮১,৮৫৯ জন অর্থাৎ ২৪.৭ শতাংশ। ১৯৭১ চনত মুঠ জনসংখ্যা
আছিল ১,৪৬,২৫,১৫২
জন। ইয়াৰে হিন্দু জনসংখ্যা ১,০৬,০৪,৬১৮ জন অর্থাৎ ৭২.৫ শতাংশ আৰু মুছলমান জন সংখ্যা আছিল ৩৫,৯২,১২৪ জন অর্থাৎ ২৪.৬ শতাংশ।
তুষাৰ কান্তি চৌধুৰীয়ে তেওঁৰ Democratic Trend in Assam নামৰ গ্ৰন্থত ১৯৭১
চনৰ লোকপিয়লত মুঠ ১,৪৬,২৫০০০ জন লোকৰ
ভিতৰত আন্তঃপ্ৰব্ৰজনকাৰী লোকৰ সংখ্যা তলত দিয়া ধৰণে দেখুৱাইছে। মুছলমান ৩০ লাখ,
হিন্দু শৰণাৰ্থী ১৫ লাখ, চাহ শ্রমিক ২০ লাখ,
বাকী প্রায় ২০ লাখমান অন্যান্য প্ৰব্ৰজনকাৰী আছিল বুলি তেওঁ উক্ত
গ্ৰন্থখনত উল্লেখ কৰিছে।
১৯৯১ চনত মুঠ জন সংখ্যা ২,২৪,১৪,৩২২ জন।
ইয়াৰে অনুসূচিত, অনুসূচিত জনজাতি সহ হিন্দু জনসংখ্যা ১,৬০,৪১,১১৮ জন অৰ্থাৎ ৭১.৫
শতাংশ আৰু মুছলমান জনসংখ্যা ৬৩,৭৩,২০৪
জন অৰ্থাৎ ২৮.৪ শতাংশ আৰু ২০০১ চনত ৮২,৪০,৬১১ জন।
জন সংখ্যা বৃদ্ধিৰ হাৰ আছিল এনে ধৰণৰ- ১৯৫১ চনৰপৰা ১৯৭১
চনলৈ অসমৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ আছিল ৮২.৩ শতাংশ। ইয়াৰে হিন্দু জনসংখ্যা বৃদ্ধিৰ
হাৰ ৮২.৪ শতাংশ আৰু মুছলমান ৮১.২ শতাংশ। ১৯৭১ চনৰপৰা
১৯৯১ চনলৈ অসমৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৫৩.৩ শতাংশ। অর্থাৎ পূৰ্বৰ কুৰি
বছৰৰ তুলনাত ২৯ শতাংশ কম। ইয়াৰে অনুসূচিত জাতিৰ বৃদ্ধিৰ হাৰ আছিল ৮১.৭ শতাংশ, অনুসূচিত জনজাতি ৭৮.৯ শতাংশ আৰু মুছলমান
জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭৭.৪ শতাংশ।
তথাপিও একাংশ মানুহে প্ৰচাৰ কৰে যে, মুছলমান স্ত্রীসকলে অধিক সন্তান জন্ম দিয়ে
আৰু আগন্তুক দহকবোৰত মুছলমানসকল সংখ্যাগুৰু হৈ পৰিব। এনেকি এনেকুৱা অপবাদো দিয়া
দেখা যায় যে কে’বা দহক পাছতে অসমৰ শাসনভাৰ মুছলমানৰ হাতলৈ
গুচি যাব। বাল্মিীকি প্ৰসাদ সিঙে তেওঁৰ ‘পৰিৱৰ্ত্তন কী
সমস্যা’ নামৰ গ্ৰন্থত এই ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ তথ্য
দাঙি ধৰিছে। তেওঁ লেখিছে- ‘মই ১৯৭০ চনত মংগলদৈ আৰু বৰপেটা
জিলাত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত দেখিছো যে, যাতে
গৰ্ভৱতী নহয় তাৰ কাৰণে মুছলমান তিৰোতাসকলেও হিন্দু তিৰোতাৰ দৰে অপাৰেশ্বন কৰিবলৈ
প্ৰস্তুত। প্ৰব্ৰজিত মুছলমান সমাজত পৰিয়াল নিয়োজন গ্ৰহণ নকৰাৰ প্ৰকৃত কাৰণ ধর্ম
নহয়, বৰং প্রশাসনিক অকুশলতা তথা উপলব্ধ সুবিধাসমূহৰ বিষয়ে
অজ্ঞতাহে। এয়া মিছা যে, মুছলমানসকলৰ ল'ৰা-ছোৱালী অধিক কিয়নো ধর্মই তেওঁলোকক একে সময়তে চাৰিজনী পত্নী ৰখাৰ
অনুমতি দিয়ে। এয়া কোৱা আৱশ্যক হ’ব যে, পূৰ্বোত্তৰ ভাৰতত তিৰোতাৰ সংখ্যা কম, যাৰ বাবে এইটো
হোৱা অসম্ভৱ। ১৯৮১ চনৰ তথ্য অসমত প্ৰতি হাজৰ পুৰুষৰ বিপৰীতে ৯০১ জনী তিৰোতা আছিল।
১৯৫১ চনত মুছলমান পুৰুষৰ সংখ্য আছিল ৪,৬৪,৪৪০ জন আৰু তিৰোতাৰ সংখ্যা আছিল ৩,৬৭,৪৩২ জনী। এই পৰিস্থিতিত যদি প্ৰতিজন মুছলমানৰ দুজনীকৈ স্ত্রী থাকিব লগা
হয়, তেনেহ'লে ছজ্ব শতাংশ মুছলমান
পুৰুষে স্ত্ৰী নোহোৱাকৈ থাকিব লাগিব। ইয়াৰ পৰা সমাজত বয়াৱহ অৱস্থা সৃষ্টি হ’ব।'
প্ৰকৃতাৰ্থত মুছলমানৰ ক্ষেত্ৰত জনসংখ্যা বৃদ্ধিৰ হাৰ
অনুপ্ৰৱেশতকৈ বাল্য বিবাহ আৰু পৰিয়াল পৰিকল্পনা সম্পর্কে অজ্ঞতাৰ কাৰণে হৈছে বুলি
ভবাৰ থল আছে। কাৰণ যি সময়ত শিক্ষিত অসমীয়া উচ্চবর্ণ হিন্দু ছোৱালীৰ বিয়া হয়
তেতিয়া মুছলমান ছোৱালী তিনি চাৰিটা সন্তানৰ মাতৃ হয়। এই বাল্য বিবাহে
মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ইন্ধন যোগাইছে বুলি ক'ব পাৰি। গতিকে মুছলমানসকলৰ এই জনসংখ্যা
বৃদ্ধিৰ হাৰত লেকাম লগাবলৈ হ'লে শিক্ষাৰ হাৰ বৃদ্ধিৰ কাৰণে
উদ্যোগ ল'ব লাগিব আৰু সমাজৰ সচেতন ব্যক্তিসকলে বাল্য বিবাহৰ
ভয়াৱহতা সম্পর্কে মুছলিম জনসাধাৰণক সজাগ কৰিব লাগিব।
১৯৫১ চনৰ নাগৰিক পঞ্জী অনুসৰি আন্তঃপ্ৰব্ৰজিত লোকৰ সংখ্যা
আছিল এনে ধৰণৰ- হিন্দু বাংলাভাষী প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা ১৫ লাখ, চাহ শ্রমিক ২০ লাখ, নেপালী
১,২৫,০০০ জন, হিন্দী
ভাষী ৩,৩৬,০০০ জন আৰু মুছলমান ১৯,৮১,৮৫৯ লাখ। অসম আন্দোলনৰ সময়ত চৰকাৰৰ লগত হোৱা
বিভিন্ন পৰ্যায়ৰ আলোচনাত কেন্দ্রীয় গৃহমন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি ১৯৫১-৬১
ৰ দহক আৰু ১৯৬১- ৭১ ৰ দহকত ক্ৰমে ৮ লাখ আৰু ৯.৬৩ লাখ হিন্দু শৰণাৰ্থী পূব
পাকিস্থানৰপৰা অনুপ্ৰৱেশ কৰিছিল বুলি জনা যায়। ১৯৫১ চনৰপৰা ১৯৭১ চনলৈ এই বিছ বছৰত
মুছলমান জনসংখ্যা ১৯,৮১,৮৫৯ জনৰ পৰা ৩৫,৯২,১২৪ জনলৈ, নেপালী ১,২৫,০০০ জনৰপৰা ৩ লাখতকৈ অধিক, হিন্দী
ভাষী ৩,৩৬,০০০ জনৰ পৰা ৭,৪৪৬৮৮ জনলৈ বৃদ্ধি পায়। এই বৃদ্ধিৰ হাৰ আছিল এনে ধৰণৰ- হিন্দু ৮৩ শতাংশ,
মুছলমান ৮১.৫ শতাংশ, নেপালী ১৪০ শতাংশ আৰু
হিন্দী ভাষী ১২১.৬ শতাংশ। (উৎস- হেমচন্দ্র শইকীয়াৰ প্ৰব্ৰজনৰ ভয়াৱহতা-১৮২৬-১৯৯২, বলেন বৰগোহাঁই সম্পাদিত ৰক্তাক্ত অসম, অমলেন্দু
গুহৰ অসম নমৰে, আমিও নমৰো আৰু তুষাৰ কান্তি চৌধুৰীৰ Democratic Trend in Assam নামৰ গ্ৰন্থৰ লগতে সমসাময়িক আন আন
পত্র-পত্রিকা।)। ২০১৫ চনৰ ১৪ চেপ্তেম্বৰত অগ্রদূত কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি
মুছলমানৰ শতকৰা বৃদ্ধিৰ হাৰ আছিল এনে ধৰণৰ- ১৯৫১ চনৰপৰা ১৯৬১ চনলৈ ৩২.৪৯ শতাংশ,
২০০১ ত ২৯.৫২ ২০১১ ত ২৪.৬০ শতাংশ। ২০০১ ৰপৰা ২০১১ চনলৈ মুছলমান
জনসংখ্যা হ্রাস পাইছে ৪.৯২ শতাংশ আৰু আনহাতে হিন্দু জনসংখ্যা বৃদ্ধি পাইছে ৩.১৬
শতাংশ। তথাপি একাংশ প্ৰচাৰ মাধ্যমে মুছলমান জনসংখ্যা বৃদ্ধি পাইছে বুলি অপপ্ৰাচৰ
চলাই হিন্দু মনত আতংক সৃষ্টিৰ চেষ্টা কৰে।
অন্যান্য সম্প্ৰদায়ৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ
আন্তঃপ্ৰব্ৰজনজনিত কাৰণত হ'লেও
মুছলমানৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ আছিল বেলেগ কাৰণত। কাৰণ তলত দিয়া কাৰণসমূহৰ
কাৰণে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহু মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱা
নাছিল।
(১) দেশ স্বাধীন হোৱাৰ পাছত সংঘটিত হোৱা সাম্প্ৰদায়িক
সংঘৰ্ষৰ ফলত বহু মুছলমান পূর্ব পাকিস্থানলৈ গুচি গৈছিল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ
কাম সম্পূৰ্ণ হোৱাৰ পাছত নেহৰু-লিয়াকত চুক্তিৰ ফলত তাৰে বহু লোক অসমলৈ আহি
স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছিল। ফলত প্রায় ২০ শতাংশ মানুহৰ নাম নাগৰিক পঞ্জীত
অন্তৰ্ভূক্ত হোৱা নাছিল।
(২) ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম বাৰিষা কালত অনুষ্ঠিত
হৈছিল। ফলত অসূচল যাতায়ত আৰু নাৱৰ অপ্রতুলতাৰ কাৰণে একে ঠাইত বহি ইজন সিজনক সুধি
তথ্য সংগ্ৰহ কৰা হৈছিল। ফলত বহু সংখ্যক মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত
অন্তৰ্ভূক্ত হোৱা নাছিল। এই তথ্য স্বয়ং তেতিয়াৰ লোক পিয়ল অধ্যক্ষ মোলান চাহাবৰ
প্ৰতিবেদনত উল্লেখ আছে।
(৩) তেতিয়াৰ নিম্ন শিক্ষিত লোক যেনে- মণ্ডল, মহৰি, কানোনগো,
প্রাথমিক ও মজলীয়া বিদ্যালয়ৰ শিক্ষকৰ জৰিয়তে লোক গণনাৰ কাম
অনুষ্ঠিত কৰাৰ ফলতো শুদ্ধ তথ্য সন্নিৱিষ্ট হোৱা নাছিল বুলি সন্দেহৰ থল আছে।
(৪) অশিক্ষিত ৰাইজৰ লোকপিয়ল সম্পর্কে জ্ঞানৰ অভাৱত অশুদ্ধ
তথ্য প্রতিফলন হৈছিল।
(৫) দ্বিতীয় মহাসমৰৰ সময়ত ডেকাসকলক সৈন্য বাহিনীত ভৰ্ত্তি
কৰা কাৰ্যই জনতাৰ মনত যি ভয়ৰ উদ্রেক কৰিছিল তাৰ কাৰণেও বহুতে ১৯৫১ চনৰ নাগৰিক
পঞ্জীত নাম অন্তর্ভূক্ত কৰাৰপৰা বিৰত আছিল বুলি ভবাৰ থল আছে। এই ঘটনা যে মাথোন
মুছলমানৰ ক্ষেত্ৰতে ঘটিছিল তেনে নহয়, বৰং বহু অসমীয়া হিন্দুৰ ক্ষেত্ৰতো এই ঘটনা ঘটিছিল বুলি ধাৰণা কৰা হয়।
ফলত প্রায় পাঁচ ছয় লাখ মুছলমানৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত
অন্তৰ্ভূক্ত হোৱা নাছিল বুলি অনুমান কৰা হয়।
প্ৰথমাৱস্থাত স্থানীয় অসমীয়া মানুহে এই আন্তঃপ্ৰব্ৰজনক
আদৰণি জনাইছিল। কিয়নো এই মুছলমানসকলে চৰ আৰু দ’ জলাশয় তথা দুর্গম অঞ্চলসমূহত বসতি স্থাপন কৰিছিল। কিন্তু
বাংলাভাষী মুছলমানসকলৰ কিছুমানে যেতিয়া বাম মাটি দখল কৰিবলৈ অগ্ৰসৰ হয় তেতিয়া
স্থানীয় লোসকল ভীতিগ্ৰস্ত হৈ পৰে (প্ৰকৃতাৰ্থত ভীতিগ্ৰস্ততাৰ কোনো কাৰণ নাছিল।)
আৰু ইয়াৰ ফলত ১৯২০ চনত লাইন প্রথা প্ৰৱৰ্তন কৰিব লগা হয়। এই লাইন প্রথা অনুসৰি
স্থানীয় আৰু আন্তঃপ্ৰব্ৰজন কৰি অহা লোকসকলৰ কাৰণে বিশেষ বিশেষ এলেকা নিৰ্দ্ধাৰণ কৰা
হয়। এই আইনৰ দ্বাৰা স্থানীয় লোকসকলক মুছলমানসকলৰ অঞ্চলত আৰু মুছলমানসকলক
স্থানীয় লোকসকলৰ অঞ্চলত বসতি স্থাপনত বাধাৰোপ কৰা হয়। ইয়াৰ মাজত মিসড্ এলেকা
বুলি চিহ্নিত কৰি উভয় সম্প্ৰদায়ৰ মানুহক একেলগে বসতি স্থাপন কৰিবলৈ সুবিধা দিয়া
হয় । এই
লাইন প্ৰথাই স্থানীয় আৰু নৱাগত সকলৰ মাজত ভৌগোলিক ব্যৱধান বৃদ্ধি কৰি বৃহত্তৰ
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিছু হ'লেও
হেঙাৰ হৈ থিয় দিছিল। অৱশ্যে এইটো ঠিক যে, লাইন প্রথাই নৱাগত
মুছলমানক চৰ আৰু দ’ জলাশয় অঞ্চলসমূহলৈ ঠেলি পঠালেও তেওঁলোকে
এই আইনৰ বিশেষ বিৰোধিতা কৰা নাছিল। অৱশ্যে কিছু সংখ্যক সচেতন ব্যক্তিয়ে এই প্ৰথাক
আন্তৰিকতাৰে গ্ৰহণ কৰিবপৰা নাছিল। এই সচেতন ব্যক্তিসকলৰ ভিতৰত সুসংঠক, অপ্ৰতিৰোধ্য কৃষক-শ্রমিক নেতা ভাচানী চৰৰ মৌলনা আব্দুল হামিদ অন্যতম আছিল।
তেওঁ মুছলমানসকলৰ পক্ষলৈ এই প্ৰথাৰ বিৰুদ্ধে মাত মাতিছিল আৰু আনহাতে অসম কেশৰী
অম্বিকাগিৰি ৰায় চৌধুৰী এই প্ৰথাৰ সপক্ষে স্থানীয় লোকসকলৰ পক্ষত থিয় দিছিল।
অৱশ্যে বৃহৎ সংখ্যক মুছলমানে নানা বাস্তৱ সুবিধাৰ কথা চিন্তা কৰি নৈপৰীয়া দ’ অঞ্চলবোৰত বসবাস কৰাৰ কাৰণে আপত্তি নকৰাত এই আইনৰ গুৰুত্ব এটা সময়ত
নোহোৱা হৈ পৰিছিল। ফলত এই
আইন লৈ বিশেষ কোনো বিৰোধ হোৱা নাছিল।
কিন্তু ১৯৫১ চনৰ লোকপিয়ল অধ্যক্ষ মোলান চাহাবে বিভেদ নাতিৰ
আশ্ৰয়লৈ কিছুমান উদ্দেশ্য প্রণোদিত প্ৰৰোচনামূলক প্রতিবেদনৰ জৰিয়তে মুছলমানসকলৰ
প্ৰতি স্থানীয় লোকসকলৰ মনোভাব সন্দেহপূৰ্ণ কৰি তুলিছিল। তেওঁ প্ৰতিবেদনত উল্লেখ
কৰিছিল যে, ব্রিটিচ শাসন আৰম্ভ
হোৱাৰ পাছত আন্তঃপ্ৰব্ৰজন কৰি অহা চাহ বনুৱা আৰু নেপালীসকলৰ ভিতৰত পূৰ্ববংগৰপৰা
অহা মুছলমানসকল থলুৱা অসমীয়াৰ কাৰণে বেছি ক্ষতিকাৰক। এই প্ৰব্ৰজনে অসমৰ ভৱিষ্যত
স্থায়ী ভাবে সলনি কৰাৰ লগতে নিশ্চিত ভাবে ১৮২০ চনৰ মানৰ আক্ৰমণতকৈও অধিকভাবে
অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ সম্পূৰ্ণ গাঁথনি বিনাশ কৰাৰ সম্ভাৱনা আছে। চাহ বনুৱা
আৰু নেপালীসকলৰ পৰা ক্ষতিৰ কোনো সম্ভাৱনা নাই বুলিও তেওঁ প্রতিবেদনত উল্লেখ
কৰিছিল। আনহাতে মুছলমানসকলক মাটি খকুৱা, শগুণ আদি আখ্যা দিছিল।
মোলান চাহাবৰ এই মন্তব্যৰ মাজত কোনো সত্যতা নাছিল, ৰাজনৈতিক
উদ্দেশ্যহে নিহিত হৈ আছিল ৷ স্থানীয় লোক আৰু প্ৰব্ৰজিত লোকৰ মাজত সাম্প্রদায়িক
মনোভাৱ জগাই তুলি Divide and Rule ৰ জৰিয়তে নির্বিঘ্নে দেশ
শাসন কৰাই আছিল এই মন্তব্যৰ আঁৰৰ প্রকৃত ৰহস্য। সি যি কি নহওঁক, পৰৱৰ্ত্তী সময়ত স্থানীয় গৰিষ্ঠ সংখ্যক লোকৰ লগত এইসকল প্ৰব্ৰজিত লোকৰ
বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি উঠিছিল। এই বন্ধুত্বপূর্ণ সম্বন্ধৰ কাৰণ হিচাপে তলত
দিয়া কাৰ্কসমূহকে চিহ্নিত কৰিব পাৰি-
(১) ১৯২১ চনৰপৰা ১৯৩১ চনলৈ এই দহ বছৰত ৫,৪২,০০০ একৰ আৰু ১৯৩১
চনৰপৰা ১৯৪১ চনলৈ এই দহ বছৰত ৮৪,৩০০ একৰ অনাবাদী ভূমি
মুছলমানসকলে খেতিৰ উপযোগী কৰি তোলে আৰু অসমত একেডৰা মাটিত দুটা ফচলৰ খেতিৰ প্ৰচলন
কৰি কৃষিৰ শ্ৰীবৃদ্ধিৰ লগতে অর্থনৈতিক দিশত প্ৰভূত অৰিহণা আগবঢ়ায়।
(২) অসমীয়া ভূ-স্বামীসকলে কুৰি শতিকাৰ দ্বিতীয় দহকৰপৰা
তৃতীয় দহকলৈ মাটিৰপৰা অধিক লাভ আহৰণ কৰিবলৈ সক্ষম হয় আৰু মুছলমানসকলৰ ওচৰত
লাভজনক মূল্যত মাটি বিক্ৰী কৰি আৰ্থিক ভাবে লাভবান হয়।
(৩) মহাজন আৰু মাৰোৱাৰীসকলে শকত পৰিমাণৰ সুৰ বিনিময়ত টকা
ধাৰে দি আর্থিক ভাবে লাভবান হ’বলৈ
সক্ষম হয়।
(৪) আন্তঃপ্রব্রজিত লোকসকলৰ কৃষিকৰ্মত দক্ষ এচাম মানুহ ধান আৰু মৰাপাটৰ খেতি
কৰি বিত্তশালী হৈ উঠে আৰু এই বিত্তশালী লোকসকলে নিজৰ সম্প্ৰদায়ৰ মাজত প্ৰভুত্ব
বিস্তাৰ কৰে। তেওঁলোক মুছলমান সমাজৰ মাতব্বৰ ৰূপে পৰিচিত হয়। এই মাতব্বৰসকলে মাটি
সংক্রান্তীয় সৰু-বৰ যিকোনো বিষয়ত নিজৰ আয়ত্বত থকা মানুহৰপৰা অভাৱনীয় হাৰত
টকালৈ মাটিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীক উৎকোচ দিছিল। অৱশ্যে এই উৎকোচৰপৰা মাতব্বৰ
সকলেও এটা অংশ পাইছিল। মাটিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলে একমাত্র আর্থিক লাভৰ
বাবে মাটিৰ সীমা সম্পৰ্কীয় বেমেজালি সৃষ্টি কৰি অশিক্ষিত হোজা কৃষকসকলক মামলা-মোকদমামূখী
কৰি তুলিছিল আৰু মুছলমানসকলে কষ্টোপাৰ্জিত ধন আদালতৰ বিষয়া-কৰ্মচাৰীক উৎকোচ
দিছিল। ইয়াৰ ফলত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ লগতে মাতব্বসকল যথেষ্ট লাভবান হৈছিল।
ফলত প্রব্রজিত মুছলমানসকল বিষয়া-কৰ্মচাৰীৰ নয়নৰ মণি স্বৰূপ হৈ পৰিছিল।
(৫) কিছু সংখ্যক স্থানীয় অসমীয়া তথাকথিত ভদ্রলোকে নিজৰ
একচনা মাটি কোনোবাই আকৌ চৰকাৰী মাটিকে নিজৰ মাটি বুলি কৈ এইসকল মুছলমানৰ ওচৰত
বিক্ৰী কৰি নাইবা ৰায়ত হিচাপে বহুৱাই আর্থিক ভাবে লাভবান হৈছিল।
(৬) প্রব্রজিত লোকসকল শিক্ষা-দীক্ষাত পিছপৰি থকাৰ কাৰণে
স্থানীয় লোকসকলক প্ৰভুৰ দৰে সন্মান কৰিছিল আৰু প্ৰয়োজনত ভৃত্যৰ দৰে বেগাৰ খাটি দিছিল।
(৭) এই লোকসকলে
দুবেলা দুমুঠি খাবলৈ পালেই সন্তুষ্ট হৈছিল। চাকৰি-বাকৰি বা ৰাজনৈতিক মুনাফাৰ কথা
চিন্তা নকৰিছিল।
(৮) এইসকল লোক মূলতঃ বাংলাভাষী হ'লেও পৰৱৰ্ত্তী পৰ্যায়ত অসমীয়া মাধ্যমৰ
বিদ্যালয় খুলি স্থানীয় অসমীয়া ভাষী লোকসকলৰ লগত একাত্ম প্রকাশ কৰাৰ লগতে
অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল। এনেকি ৰাজ্যভাষা আন্দোলন, মাধ্যম আন্দোলনৰ সময়তো নিজে বাংলাভাষী হৈয়ো বাংলাভাষাৰ সপক্ষে থিয় নিদি
অসমীয়া ভাষাৰ সপক্ষেহে থিয় দিছিল। ইয়াৰ ফলত অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰ মৰ্যদা
পোৱাৰ বাট প্ৰশস্ত হৈছিল। বঙলাভাষী মুছলমানসকলে অসমীয়া ভাষা গ্ৰহণৰ প্ৰৱণতা
তেতিয়াৰ বৃহত্তৰ কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ পৰা আৰম্ভ হৈছিল বুলি লোক পৰম্পৰাৰ
পৰা জনা যায়। তাজ উদ্দিন আহমেদ, ধৰণীধৰ তালুকদাৰ, অক্ষয় কুমাৰ দাস, মধু উকিল, মতিলাল
নায়কৰ পৰামৰ্শত বঙলাভাষী মুছলমানে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল
বুলি জনা যায়। এই ক্ষেত্ৰত বঙলাভাষী মুছলমান সন্তান আতোয়াৰ ৰহমান প্ৰমুখ্যে কিছু
লোকে সমর্থন আগবঢ়োৱাৰ বিপৰীতে কলিমুদ্দিন, ৰফিকুল ইছলাম,
কালু খান নামৰ লোক কেইজনে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণৰ
ক্ষেত্ৰত বিৰোধিতা কৰিছিল বুলি জনা লোকমুখে জনা যায়। অৱশ্যে ইয়াৰ কোনো লিখিত
তথ্য নাই।
(৯) বহু আচাৰ, ৰীতি-নীতি অসমীয়া হিন্দুৰ লগত সাদৃশ্য আছিল কাৰণেও স্থানীয় লোকসকলে
এওঁলোকৰ বিৰুদ্ধে বিদ্বেষপূর্ণ মনোভাব পোষণ কৰা নাছিল।
বিদেশী খেদা আন্দোলনৰ আগলৈকে এই এই সৌহৃদ্য অটুট আছিল; কিন্তু বিদেশী খেদা আন্দোলনৰপৰা এই দুই
সম্প্ৰদায়ৰ মাজত ভুল বুজা-বুজি সৃষ্টি হয় আৰু উভয় সম্প্ৰদায়ৰ মাজত সন্দেহ,
অবিশ্বাস আৰু আক্ৰোশৰ মনোভাব গা কৰি উঠে।
অসমীয়া ভাষা আৰু প্ৰাগজ্যোতিষপুৰীয়া
বাংলাভাষী
মুছলমান।
ঊনবিংশ শতিকাৰ অসমৰ ইতিহাসক এক অন্ধকাময় আৰু বেদনাৰ যুগ
বুলি অভিহিত কৰা হয়। আহোম ৰাজত্বৰ শেষৰ দহক কেইটাত আহোম স্বৰ্গদেউ সকলৰ
অকর্মণ্যতা, অপৰিণামদৰ্শিতা আৰু
ৰাজবিষয়াসকলৰ পাৰস্পৰিক খিয়লা-খিয়লিৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত নানা বিদ্ৰোহ
গা কৰি উঠিছিল। সেই বিদ্ৰোহসমূহৰ ভিতৰত মোৱামৰীয়া বিদ্রোহ, ডফলা-চিংফৌ
কু-অভিসন্ধি আদিয়ে প্রধান এছিল। ইয়াৰ মাজতে বদন বৰফুকনৰ আহ্বান ক্ৰমে কুখ্যাত
মান বাহিনী অসমলৈ আহে আৰু অসমৰ জনসাধাৰণৰ ওপৰত বৰ্বৰ অত্যাচাৰ, লুণ্ঠন, হত্যাৰ তাণ্ডৱ চলাই অসমক মৰিশালিত পৰিণত
কৰে। ফলত আহোম আৰু ব্ৰিটিচৰ মাজত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ঐতিহাসিক ইয়াণ্ডাবু
সন্ধি স্বাক্ষৰিত হয় আৰু অসম ব্ৰিটিচৰ অধীনলৈ যায়। ব্ৰিটিচৰ অধীনলৈ যোৱাৰ
অব্যবহতি কাল পাছতে প্রশাসনিক স্বাৰ্থৰ খাতিৰত ব্রিটিচৰ পৃষ্ঠপোষকতাত অসমত
বাংলাভাষা প্রচলন কৰা হয়। ১৮৩০ চনত ডেভিট স্কটে কেইজনমান ইংৰাজৰ সমৰ্থনত ‘গৌহাটী মিশ্বন স্কুল’ নামেৰে এখন ইংৰাজী মাধ্যমৰ
বিদ্যালয় স্থাপন কৰে। উক্ত বিদ্যালয়ত ইংৰাজীৰ লগতে বাংলাভাষা শিকোৱাৰ ব্যৱস্থা
কৰা হয় আৰু ১৮৩০ চনৰ ৩০ জুলাইৰ সমাচাৰ দৰ্পণত এই বিষয়ে এটি প্ৰৱন্ধও প্রকাশ
পায়। ডেভিট স্কটৰ পৰৱৰ্ত্তী প্ৰশাসক ৰবিন্সন জেকিন্সে প্রতিষ্ঠা কৰা বিদ্যালয়সমূহতো
বাংলাভাষা শিকোৱাৰ ব্যৱস্থা কৰা হয়। ফলত এইদৰে ব্ৰিটিচ প্ৰশাসনৰ পৃষ্ঠপোষকতাত
বাংলা ভাষা অসমৰ শিক্ষাৰ মাধ্যম হৈ পৰে।
ইয়াৰ পাছত অসমত তিনিটা দহক ব্যাপী বাংলাভাষাৰ আধিপত্য অব্যাহত থাকে। অসমৰ শিক্ষিত
অসমীয়াই বাংলাভাষাতে সাহিত্য চৰ্চা কৰিবলৈ বাধ্য হৈ পৰে। মহেশ্বৰ নেওগ দেৱে লেখা ‘অসমীয়া সহিত্যৰ ইতিহাস’ নামৰ গ্ৰন্থৰপৰা হলিৰাম ঢেকিয়াল ফুকনে বাংলাভাষাত অসম বুৰঞ্জী আৰু তেওঁৰ
ভায়েক যজ্ঞৰাম ফুকনে ইংৰাজী কবিতা বাংলাভাষাত অনুবাদ কৰাৰ কথা জনা যায়।
ব্ৰিটিচ প্ৰশাসনৰ অসমীয়া ভাষা সম্পর্কে অজ্ঞতা আৰু
তেওঁলোকৰ প্ৰশাসনিক সুবিধাৰ কাৰণেই মূলতঃ অসমীয়া ভাষাৰ বিপৰ্যয়ৰ কাৰণ আছিল বুলি আমেৰিকান
ব্যপ্তিষ্ট মিচনেৰী ইউনিয়নৰ বিদেশ সচিব ব্রুনচন মাইলচ্ চাহাবে লেখা এটি
প্রতিবেদনৰপৰা জনা যায়। অসমীয়া ভাষা সম্পর্কে জ্ঞান নথকাৰ কাৰণে ব্ৰিটিচসকলে
বাংলাভাষা আৰু অসমীয়া ভাষাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য দেখা নাপাইছিল। তেওঁলোকে অসমীয়া ভাষাক বাংলাভাষাৰ দোৱান বুলিহে ভাবিছিল।
এই ক্ষেত্ৰত তেতিয়া অসমত চাকৰি কৰিবলৈ অহা বাঙালী চাকৰিয়ালসকলৰ প্ৰৰোচনাও কিছু
পৰিমাণে দায়ী আছিল বুলিও বহুতে ক'ব খোজে। অর্থনৈতিক কাৰণতে তেওঁলোকে অসমীয়া ভাষাৰ কোনো স্বকীয়তা নাই বুলি
ব্রিটিচ প্রশাসনক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল।
প্ৰাক্জোনাকী যুগৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম
ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা,
ব্রুনচন আদিৰ লগতে আন বহুতো সচেতন ব্যক্তিয়ে অসমীয়া ভাষা পুনৰ
প্ৰচলনৰ বাবে অহোপুৰুষাৰ্থ কৰে যদিও ৰবিন্সনৰ লগতে আন বহুতো অসমীয়া ভাষা বিৰোধী
ব্যক্তিয়ে এই প্ৰচেষ্টাত হেঙাৰ হৈ থিয় দিয়ে। ১৮৬৩ চনত ৰবিন্সন চাহাবে অৱসৰ
গ্ৰহণ কৰাৰ পাছত অসমীয়া ভাষা পুনঃ প্ৰচলনৰ বাট কিছু প্রশস্ত হয়। ১৮৭৩ চনৰ ৯
মাৰ্চত অসমীয়া ভাষা পুনঃ প্ৰচলনৰ বাবে ২১৫ গৰাকী ব্যক্তিৰ স্বাক্ষৰিত এখন আবেদন
পত্র জর্জ কেম্পবেললৈ প্ৰৰেণ কৰা হয়। আবেদন পত্র পাই কেম্পবেলে অসমীয়া ভাষা পুনঃ
প্ৰচলনৰ বাবে বিবেচনা কৰিবলৈ বাধ্য হয় আৰু উক্ত চনৰ ২৯ এপ্ৰিলত অসমৰ আদালতসমূহত
অসমীয়া ভাষা প্রচলনৰ বাবে সিদ্ধান্ত লয়। এই সিদ্ধান্ত মৰ্মে চৰকাৰৰ ন্যায়
বিভাগে অসমীয়া ভাষা আদালতত প্ৰচলনৰ বাবে নিৰ্দ্দেশ দিয়ে।
অসমীয়া ভাষা পুনঃ প্রচলন হ’ল যদিও ভৌগোলিক পৰিৱৰ্ত্তনৰ লগতে নানা দুৰ্যোগৰ কাৰণে
অসমীয়াভাষী লোকৰ সংখ্যা বাংলাভাষী লোকৰ তুলনাত সংখ্যালঘু হৈয়ে থাকিল। তেতিয়াৰ
লোকপিয়লসমূহলৈ দৃষ্টিপাত কৰিলে এই কথা স্পষ্ট হৈ পৰে। ১৯০১ চনত অসমত ভাষা ভিত্তিক
জনসংখ্যা আছিল এনে ধৰণৰ- অসমীয়া ভাষী ৪৩.৮০ শতাংশ, বাংলাভাষী
২৭.৯৩ শতাংশ. হিন্দীভাষী ৭.২৭ শতাংশ আৰু অন্যান্য ২১ শতাংশ। ১৯০৫ চনত বংগ ভংগৰ
পাছত অসমক পূৰ্ববংগৰ লগত সংলগ্ন কৰাত ১৯১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বৃহত্তৰ অসমত
শতকৰা ২২ জন অসমীয়া ভাষীৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা হয়গৈ শতকৰা ৪৮ জন। ১৯২১ চনৰ
লোকপিয়লৰ তথ্য অনুসৰি ১.৩৯ লাখ অসমীয়া ভাষীৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল
৪.০৬ লাখ। ১৯৩১ চনত ১.৬১ লাখ অসমীয়াভাষীৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ৪.৭৬
লাখ। ১৯৪১ চনত দ্বিতীয় মহাসমৰৰ কাৰণে লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল। (উৎস-1981
Socio Economic Crisis in Assam B.N. Choudhury) ১৯৩১ চনত মেঘালয়, নাগালেণ্ড, অৰুণাচল,
মিজোৰাম আৰু শ্ৰীহট্টক বাদ দি অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল শতকৰা
৩৬ জন আৰু বাংলাভাষীৰ সংখ্যা আছিল শতকৰা ৩০ জন আৰু অন্যান্য শতকৰা ৩৪ জন।
১৯৫১ চনত অসমীয়া ভাষীৰ সংখ্যা পূৰ্বৰ তুলনাত বহু বৃদ্ধি পায় আৰু বাংলা ও
অন্যান্য ভাষী লোকৰ সংখ্যা হ্রাস পায়। ১৯৫১ চনত শতকৰা ৬২ জন অসমীয়া ভাষীৰ
বিপৰীতে বাংলাভাষী ২১ আৰু অন্যান্য ভাষী লোকৰ সংখ্যা শতকৰা ১৭ জন হয়গৈ। ১৯৭১ চনত শতকৰা
৬১ জন অসমীয়া ভাষীৰ বিপৰীতে বাংলাভাষী ২০ জন, হিন্দীভাষী ৫.৪২ জন আৰু অন্যান্য শতকৰা ১৩.৫৮ জন হয়। (উৎস- অসম নমৰে আমিও
নমৰো- অমলেন্দু গুহ)।
দেশ স্বাধীন হোৱাৰ পাছত হঠাৎ অসমীয়া ভাষাৰ উত্থান আৰু
বাংলাভাষাৰ বিপৰ্যয়ৰ কাৰণ হিচাপে তলত দিয়া কাৰ্কসমূহকে চিহ্নিত কৰিব পাৰি-
(১) দেশ স্বাধীন হোৱাৰ আগত শ্রীহট্ট আৰু ৰংপুৰ অসমৰ লগত
সংলগ্ন আছিল। দেশ স্বাধীন হোৱাৰ পাছত এই জিলা দুখন পূর্ব পাকিস্থানৰ অন্তৰ্ভূক্ত
হোৱাৰ ফলত বাংলাভাষী লোকৰ সংখ্যা হ্রাস পায় আৰু অসমীয়া ভাষী লোকৰ সংখ্যা বৃদ্ধি পায়।
(২) ব্রিটিচ শাসন কালত চাকৰি সূত্ৰে বহু বাংলাভাষী আমোলাৰ
অসমলৈ আগমন হৈছিল। তেওঁলোকৰ লগত তেওঁলোকৰ অঙহী- বঙহীও অসমলৈ আহি বসবাস কৰিছিল। দেশ
স্বাধীন হোৱাৰ পাছত তেওঁলোকৰ বহুতে অসম এৰি গুচি যায়। ফলত বাংলাভাষী লোকৰ সংখ্যা
হ্রাস পায়।
(৩) চাহ বাগিচাত কাম কৰিবলৈ অহা অনা-অসমীয়া চাহ মজদুৰ আৰু
শিখসকলে ব্যক্তিগত জীৱনত নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিলেও দেশ স্বাধীন হোৱাৰ পাছত
লোকপিয়লসমূহত নিজৰ মাতৃভাষা অসমীয়া বুলি লেখাবলৈ আৰম্ভ কৰে।
(৪) ব্রিটিচ শাসন কালত নামনি অসমৰ বহুতে নিজকে বাংলাভাষী
বুলি পৰিচয় দিছিল। অসমীয়া ভাষা পুনঃপ্রতিষ্ঠাৰ বাবে চেষ্টা কৰাৰ সময়তো এইসকল
লোক হেঙাৰ হৈ থিয় দিছিল; কিন্তু
এই প্রচেষ্টাত বিফল হৈ স্বাধীনোত্তৰ কালত তেওঁলোকে নিজক অসমীয়া ভাষী বুলি পৰিচয়
দিবলৈ আৰম্ভ কৰে।
ওপৰত উল্লেখ কৰা কাৰকসমূহৰ উপৰিও এই দৃশ্যপট সলনিৰ সিংহভাগ
কৃতিত্বৰ দাবীদাৰ হ’ল ব্ৰিটিচ
শাসন কালত মৈমন সিং, ঢাকা, বগুৰা,
খুলনা, ৰংপুৰ আদি জিলাৰপৰা উঠি অহা
প্ৰাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত বাংলাভাষী মুছলমানসকল। অসমলৈ উঠি অহাৰ পাছতো প্রাক্স্বাধীনতা
কালত এওঁলোকে নিজকে বাংলাভাষী বুলি পৰিচয় দিছিল। স্বাধীনোত্তৰ কালত বিভিন্ন কাৰণত
তেওঁলোকে নিজস্ব ভাষা- সংস্কৃতি ত্যাগ কৰি অসমৰ ভাষা-সংস্কৃতি আদৰি লয়। ফলত
অসমীয়া ভাষীলোকৰ সংখ্যা আশাতীত ভাবে বৃদ্ধি পায়।
মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতি আদৰি লোৱাৰ কাৰণ হিচাপে
তলত দিয়া কাৰকসমূহকে চিহ্নিত কৰিব পাৰি-
(১) ব্রিটিচসকলে শাসনভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতবৰ্ষৰ শাসন
ক্ষমতা আৰব, ইৰাণ, ইৰাক, আফগানিস্থান আদি দেশৰপৰা প্ৰব্ৰজন কৰি অহা
মুছলমানৰ হাতত আছিল। প্ৰব্ৰজিত মুছলমানসকলৰ ভাষা আছিল আৰবী আৰু পাৰ্চীৰপৰা
উদ্ভুত উর্দু ভাষা৷ তেওঁলোকৰ লগত আত্মীয়তা বা একাত্মতা প্রকাশৰ বাবে বহুতেই তেতিয়া উর্দূ
আৰু পাৰ্চীভাষা শিকিব লগা হৈছিল। বাঙালী ধর্মান্তৰিত মুছলমানসকলৰ প্ৰায় ভাগেই
বৌদ্ধ ধৰ্মৰপৰা ধৰ্মান্তৰিত হৈছিল। গাঁও অঞ্চলৰ অৰ্থনৈতিক ভাবে দুর্বল
মানুহবিলাকহে বিশেষকৈ ধৰ্মান্তৰিত হৈছিল। গতিকে তেওঁলোকে অর্থনৈতিক আৰু ৰাজনৈতিক
কাৰণত পাৰ্চী আৰু উর্দূ ভাষা শিকাৰপৰা বঞ্চিত হৈছিল। ফলত তেওঁলোকে নিজা নিজা
অঞ্চলৰ ভাষাতেই ইজনে সিজনৰ লগত মনৰ ভাব বিনিময় কৰিছিল। এটা অঞ্চলৰ ভাষাৰ লগত আন এটা অঞ্চলৰ
ভাষাৰ যথেষ্ট পার্থক্যও আছিল। (তেওঁলোকে ব্যৱহাৰ কৰা আঞ্চলিক ভাষাৰ লগত কিছু কিছু উৰ্দু
আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণ হৈ বাংলাভাষাৰপৰা পৃথক এক ধৰণৰ ভাষা সৃষ্টি হৈছিল।
স্থানীয় ভাষাত তাক ‘পেটুইচ’
বুলি কোৱা হৈছিল। ফলত ক’বলৈ গ'লে তেওঁলোকৰ কোনো মান্য ভাষা নাছিল।) সেইসমূহ কথিত ভাষাৰ লগত অসমীয়া
ভাষাৰ যথেষ্ট সাদৃশ্য আছিল। ফলত অসমীয়া ভাষা ক’ব নোৱাৰিলেও
অসমীয়া ভাষাত কোনোবাই কথা পাতিলে সেয়া বুজিব পাৰিছিল। সেয়ে অসমলৈ উঠি অহাৰ পাছত
আর্থিক ভাবে কিছু স্বাৱলম্বী হোৱাত অসমীয়া মাধ্যমৰ পঢ়াশালি স্থাপন কৰি শিক্ষা
গ্ৰহণত ব্ৰতী হৈছিল আৰু স্বাধীনোত্তৰ কালত ১৯৫১ চনত অনুষ্ঠিত হোৱা নাগৰিক পঞ্জীত
ৰাজনৈতিক কাৰণতে তেওঁলোকে তেতিয়াৰ মুছলমান বুদ্ধিজীৱীৰ পৰামৰ্শ মতে নিজৰ মাতৃভাষা
অসমীয়া লেখাইছিল। ইয়াৰ ফলত অসমীয়া ভাষা ৰাজ্যিক ভাষাৰ মৰ্যদা পোৱাৰ বাট প্রশস্ত
হৈছিল।
অসমীয়া ভাষা আদৰি লোৱাৰ মূলতঃ আন দুটা প্ৰধান কাৰণ আছিল-
(১) পূর্ববংগত থাকোঁতে ধর্মান্তৰিত মুছলমানসকল বাংলাভাষী
জমিদাৰ, মহাজন ও সভ্রান্ত হিন্দুসকলৰ দ্বাৰা শোষিত
ও অৱহেলিত হৈছিল। অসমত বাংলাভাষা প্রচলন হ’লে তেওঁলোক পুনৰ
জমিদাৰ আৰু মহাজনৰ দ্বাৰা শোষিত হ’ব পাৰে বুলি ভয় কৰিছিল।
সেয়ে তেতিয়াৰ মুছলমান বুদ্ধিজীৱীসকলে নিজৰ মাতৃভাষা অসমীয়া লেখাৰ বাবে
সিদ্ধান্ত লৈছিল৷
(২) উজনিলৈ উঠি অহাৰ পাছত স্থানীয় অসমীয়া লোকসকলে
প্রব্রজিত মুছলমানসকলৰ লগত বন্ধুত্ব সূলভ ব্যৱহাৰ কৰাৰ লগতে প্ৰয়োজনত সহযোগিতাৰ
হাত আগবঢ়াইছিল। ফলত স্থানীয় মানুহৰ ব্যৱহাৰত অভিভূত হৈ অসমীয়া মূল সুঁতিৰ লগত
একাত্ম হ’বলৈ মাতৃভাষা অসমীয়া লেখাইছিল। দেশ স্বাধীন
হোৱাৰ পাছত ১৯৫০ চনত পোন প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভাই অসমৰ ৰাজ্যভাষা অসমীয়া
হ’ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে যদিও সেই প্রস্তাৱ
কাৰ্যকৰী নহয়। ইয়াৰ পাছতে বড়োসকল নিজৰ ভাষা সম্পৰ্কে সজাগ হৈ উঠে আৰু ১৯৫২ চনত
বড়ো সাহিত্য সভা গঠন কৰে। ১৯৫৫ চনত ভাৰত চৰকাৰে ভাষাৰ ভিত্তিত ৰাজ্যসমূহ
পুনর্গঠনৰ বাবে সিদ্ধান্ত লয়। এই সিদ্ধান্ত লোৱাৰ পাছৰেপৰা অসম অসমীয়াৰ এই
প্ৰৱণতা গা কৰি উঠে। অসম সাহিত্য সভাই ১৯৫৯ চনত পুনৰ অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে আৰু উক্ত চনৰে ৯ চেপ্তেম্বৰত সমগ্ৰ অসমত
ৰাজ্যভাষা দিৱস পালন কৰে। লগে লগে অন্যান্য জনগোষ্ঠীৰ ওপৰত অসমীয়া ভাষা জাপি দিয়াৰ
প্ৰৱণতা গা কৰি উঠে। ফলত এক শ্ৰেণীৰ উগ্র জাতীয়তাবাদী অসমীয়াৰ মনোভৱলৈ লক্ষ্য
কৰি অন্যান্য জনগোষ্ঠীয় লোকসকল ক্ষুব্ধ হৈ উঠে। ১৯৬০ চনত অসমীয়া ভাষা ৰাজ্যভাষা
হিচাপে স্বীকৃতি পোৱাৰ দাবিত ভাষা আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ
উপত্যকাৰ বাংলাভাষী হিন্দুৰ লগতে কাছাৰ তথা বৰাক উপত্যকাৰ বাংলাভাষী
হিন্দু-মুছলমান আৰু সমগ্ৰ অসমৰ জনজাতীয় লোকসকল প্রতিবাদত মুখৰ হৈ উঠে। প্রথম
বিক্ষোভ আৰম্ভ হয় চিলঙত। চিলঙৰ অসমীয়া ভাষা বিৰোধী বিক্ষোভে সমগ্ৰ দেশত এক
উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। অসমীয়া আৰু বাংলাভাষীলোকৰ মাজত ঠায়ে ঠায়ে
সংঘৰ্ষৰো সূত্রপাত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীৰ হত্যাই
পৰিস্থিতি অধিক জটিল কৰি তোলে। ফলত গুৱাহাটীৰপৰা দেশৰ বিভিন্ন অঞ্চললৈ অশান্তি
বিয়পি পৰে। কাছাৰতো ইয়াৰ প্ৰভাৱ পৰে। বিক্ষোভকাৰীসকলৰ ওপৰত ঠায়ে ঠায়ে গুলী চালনাও
কৰা হয়। এনেকুৱা পৰিস্থিতিতো প্ৰব্ৰজিত ধর্মান্তৰিত বাংলাভাষী মুছলমানে বাংলাভাষী
লোকক সমর্থন নকৰি অসমীয়া ভাষীলোকক সমর্থন কৰে। ফলত অসমীয়া ভাষাই উক্ত চনৰ ১০
অক্তোবৰৰপৰা ৰাজ্যিক ভাষাৰ মৰ্যদা লাভ কৰে। তেতিয়া এইসকল মুছলমানে বাংলাভাষাক
সমর্থন কৰিলে বাংলাভাষাই অসমৰ ৰাজ্যিক ভাষাৰ মৰ্যদা পালেহেঁতেন৷ এতিয়াও এচাম লোকে
এইসকল মুছলমানক অসমীয়া ভাষী লোকৰ বিৰুদ্ধে উচটাই তুলিবলৈ অহৰহ চেষ্টা অব্যাহত
ৰাখিছে। সম্প্রতি অসমত চলি থকা বাংলাদেশীৰ বিতাড়নৰ আঁৰতো তেনেকুৱা এক ধৰণৰ
প্ৰচেষ্টা প্ৰচ্ছন্ন হৈ আছে বুলি সচেতন মহলৰ বহুতে সন্দেহ
কৰে।
১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়তো এইসকল মুছলমানে অসমীয়া
ভাষাৰ সপক্ষে সক্রিয় অংশ গ্ৰহণ কৰি আন বহুতো ছহিদৰ লগতে বাংলাভাষী মুছলমান সন্তান
মোজাম্মিল হক ছহিদ হৈ মাধ্যম আন্দোলনৰ ইতিহাসত এক অনন্য উদাহৰণ দাঙি ধৰিছে। কিন্তু
লক্ষ্যণীয় বিষয় হ’ল,
যি অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি পোৱাৰ কাৰণে
আন্দোলন কৰা হ’ল, সেই অসমীয়া ভাষা
জলাঞ্জলি দিয়াৰ বাবে এচাম তথাকথিত অসমীয়াভাষা প্রেমী লোক উঠি-পৰি লাগিছে। ইয়াৰ
দৃষ্টান্ত হ’ল অসমৰ চুকে-কোণে কাঠফুলাৰ দৰে গজি উঠা ইংৰাজী
মাধ্যমৰ বিদ্যালয়সমূহ। অসমীয়া বুলি পৰিচয় দিয়া লোকসকলে নিজৰ সন্তানক ইংৰাজী
মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাৰ বাবে হেতা-ওফৰা লগাইছে। ফলত মূল অসমীয়া অধ্যুষিত
অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ছাত্ৰৰ অভাবে দেখা দিছে। আনহাতে অসমীয়া
ভাষাৰ এই বিপৰ্যয়ৰ সময়তো বাংলাভাষী মুছলমানসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ
জীয়াই ৰাখিছে।
এইসকল মুছলমানৰ বহুতে অসমীয়া মাধ্যমত সাহিত্য চৰ্চা কৰি
অসমীয়া সাহিত্যৰ ভড়াললৈ কিঞ্চিত হ’লেও অৰিহণা যোগাই আছে। এইসকল বাংলাভাষী মুছলমানৰ সাহিত্যপ্রেমী আৰু
সাহিত্যানুৰাগীৰ প্ৰচেষ্টাত বাংলাভাষী মুছলমান অধ্যুষিত অঞ্চলত সাহিত্য সভাৰ দৰে কে’বাটাও গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত কৰি অসম তথা অসমীয়া ভাষাৰ প্ৰতি থকা
আনুগত্যৰ প্ৰমাণ দিছে।
অমসৰ বাংলাভাষী মুছলমানসকলক চৰুৱা, পমুৱা,
ন-অসমীয়া, গেদা, মিঞা প্ৰভৃতি বিশেষণেৰে সততে তুচ্ছ-তাচ্ছিল্য কৰা হয়। কিন্তু অসমৰ
প্ৰথমখন কলেজ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত মিঞাৰ অৱদান
আছে। ১৯০১ চনত ছাৰ হেনৰি জন স্টেডমেন কটনৰ উদ্যোগত কটন কলেজ নিৰ্মাণ কৰা হৈছিল আৰু
১৯০১ চনৰ ২৭ মেত হেনৰি কটনে কলেজখন শুভ উদ্বোধন কৰিছিল। কলেজখন নিৰ্মাণৰ সময়ত
বহুতে দান বৰঙণি আগবঢ়াইছিল। সেই দান-বৰঙণি আগবঢ়োৱাসকলৰ মাজত নগাঁওৰ আলিটাঙনিৰ হাজী
ওচমান আলী সদাগৰ মিঞাও আছিল। তেওঁ তেতিযা ৫ টকা বৰঙণি আগবঢ়াইছিল। তেওঁৰ নাম হেনো
দান-বৰঙণি আগঢ়োৱা সকলৰ তালিকাত ৩৩ নম্বৰত আছে।
১৯৪৮
চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়খন শুভ উদ্বোধন কৰা হৈছিল। গুৱাহাটী
বিশ্ববিদ্যালয়খন গঠনৰ সময়তো বহুতে দান-বৰঙণি আগবঢ়াইছিল। সেইসকলৰ ভিতৰত নগাঁৱৰ যমুনামুখৰ
হাজী দুদু মিঞাও আছিল। ১০০০ টকা আগবঢ়াইছিল।
অসমত বৰ্তমান মিঞাসকলক সন্দেহযুক্ত বাংলাদেশী সজাই উচ্ছেদৰ নামত হাৰাশাস্তি কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু এটা সময়ত এই মিঞাসকলেই অবিভক্ত গোৱালপাৰা জিলা মানে বৰ্তমানৰ গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙ্গাইগাঁও জিলা পশ্চিমবংগৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰিছিল বুলি সদৰি কৰিছে বুৰঞ্জীৰ অধ্যাপক দ্বিজেন বৰ্মনে। ১৯৫৪ চনৰ ১৯ মেত ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠন আয়োগৰ সদস্য কে এম পানিকৰ আৰু এইচ এন কুঞ্জৰৰ আগত গোৱালপাৰা জিলা পমুৱা সংন্থাৰ সভাপতি বজলুল বাচিত, সম্পাদকদ্বয় আব্দুল কৰিম আৰু হাজী আবুল হুছেইনে সাক্ষ্য প্ৰদান কৰি গোৱালপাৰা জিলা পশ্চিমবংগলৈ যোৱাৰ পৰা বচাইছিল। তেওঁলোকে যুক্তি দাঙি ধৰিছিল যে, গোৱালপাৰাৰ চৰ-চাপৰিৰ লোকসকলে বাংলা দোৱানত কথা পাতিলেও তেওঁলোকে কেতিয়াবাই অসমীয়া ভাষা গ্ৰহণ কৰিছে। গতিকে তেওঁলোক অসমীয়া।এই সাক্ষ্যৰ ভিত্তিতে গোৱালপাৰা জিলাখন অসমৰ লগত চামিল কৰা হৈছিল।
কিন্তু অতিকৈ পৰিতাপৰ বিষয় যে, এইসকল মুছলমানে অসমীয়া ভাষাৰ প্ৰতি
ইমানখিনি ত্যাগ আৰু আনুগত্য প্রকাশৰ পাছতো পুৰস্কাৰৰ সলনি সততে তিৰস্কৃতহে হৈ আহিছে।
এনেকুৱা অপবাদো দিয়া হয় যে, এওঁলোকে নিলর্জ্জৰ দৰে অসমীয়া
হ’বলৈ চেষ্টা কৰি আছে। ফলত কিছু সংখ্যক মুছলমানে ক্ষুণ্ন হৈ
১৯৯১ চনৰ লোকপিয়লত নিজৰ মাতৃভাষা বাংলা লেখাইছে। যাৰ ফলত ১৯৯১ চনৰ লোকয়িলত
অসমীয়া ভাষীৰ সংখ্যা ৫৭ শতাংশলৈ অৱনমিত হৈছে। তথাপিও তথাকথিত উগ্র জাতীয়তাবাদী
অসমপ্ৰেমীৰ চকু মুকলি নোহোৱাত ২০০১ চনৰ লোকপিয়লত পুনৰ কিছু সংখ্যকে নিজৰ মাতৃভাষা
অসমীয়াৰ সলনি বাংলা লেখাইছে। ইয়াৰ ফলত অসমীয়া ভাষীৰ সংখ্যা শতককৰা ৪৮ লৈ অৱনমিত
হৈছে বুলি আশংকা কৰা হৈছে। ২০১১ চনৰ লোকপিয়লত বাংলাভাষী মুছলমানৰ নব্বৈ শতাংশই
মাতৃভাষা বাংলা লেখাইছে বুলি ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা গৈছে। যদি তেনেকুৱাই
কৰিছে অসমীয়া ভাষীৰ সংখ্যা শতকৰা ৩০ তকৈও তললৈ নমাৰ আশংকা কৰা হৈছে। অৱশ্যে
প্রশাসনিক ক্ষমতা বলেৰে শাকেৰে মাছ ঢাকি অসমীয়া ভাষীসকলে ইয়াৰপৰা পৰিত্ৰাণ পাব
পাৰে; কিন্তু এই প্ৰক্ৰিয়াৰে কিমান দিন অসমীয়া ভাষাৰ
অস্তিত্ব ৰক্ষা কৰা সম্ভৱ হ’ব তাক জাতীয়তাবাদী সংগঠনসমূহে
ভাবি চোৱাৰ সময় আহি পৰিছে।
মুছলমানসকলৰ এই অসমীয়া ভাষা বিৰোধী মনোভাবৰ বাবে দায়ী
মুছলমানসকল নহয়, ইয়াৰ
বাবে দায়ী উগ্র জাতীয়তাবাদী সংগঠনসমূহহে। মাথোন অপবাদ দিয়ে দিয়ে ক্ষান্ত থকা
নাই। তথাকথিত অসমীয়াপ্ৰেমীৰ কিছু সংখ্যক স্বার্থান্ধ ক্ষমতা লিপ্স্ উচ্চবৰ্ণৰ
লোকে এইসকল মুছলমানৰ লগতে অসমৰ আন কিছু সংখ্যক প্রব্রজিত জনগোষ্ঠীক অসম চুক্তিৰ
ছয় নম্বৰ দফাৰ জৰিয়তে সকলো প্ৰকাৰৰ ৰাজনৈতিক, অর্থনৈতিক,
সামাজিক, সাংস্কৃতিক অধিকাৰ ৰপৰা বঞ্চিত কৰাৰ
কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈ নিকৃষ্ট মানসিকতাৰে অসমখনক অস্থিৰ কৰি ৰাখিছে। ফলত
প্রত্যেক জনগোষ্ঠী নিজৰ নিজৰ ভাষা-সংস্কৃতি আৰু অধিকাৰ সম্বন্ধে সচেতন হৈ উঠিছে।
উদাৰহণ স্বৰূপে বড়ো, কাৰ্বি, লালুং,
ডিমাচা, তাই-আহোম, ৰাভা-হাজং,
কোচ-ৰাজবংশী আদি জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষা-সংস্কৃতি আৰু অধিকাৰ
ৰক্ষাৰ নামত বিভাজনমূখী হৈ উঠিছে। বৰ্তমানৰ এই বিভাজনমূখী প্ৰৱণতা অনাগত দিনৰ
কাৰণে ভয়ংকৰ বিপদৰ অশনি সংকেত বহন কৰিছে। যদি অনাহকতে এইসকল মুছলমানক সন্দেহ
যুক্ত বাংলাদেশী সজাই হাৰাশাস্তি কৰা হয় তেনেহ'লে এওঁলোকৰ
মাজতো যে এদিন বিভাজনমূখী প্ৰৱণতা গা কৰি নুঠিব তাৰ নিশ্চয়তা প্রদান কোনেও কৰিব
নোৱাৰে। এই কথা উগ্র জাতীয়তাবাদীসকলে বুজি নুঠিলেও সৰ্বসাধাৰণ ৰাইজে নিশ্চয় বুজি
উঠিছে। ইয়াৰ প্ৰমাণ মাজে সময়ে আহ্বান কৰা বন্ধ হৰতালৰ মাজতে প্রস্ফূটিত হৈ আছে।
কাৰণ পূৰ্বৰ দৰে ‘আহ ঐ আহ, ওলাই আহ—খেদ ঐ খেদ বিদেশী খেদ’ বুলি আহ্বান জনালে ৰাইজ আগৰ
দৰে ওলাই নহা হৈছে। ফলত বিদেশী খেদা আন্দোলনক উৎসৱত পৰিণত কৰি বিদ্যালয়ৰ
ছাত্ৰ-ছাত্ৰীক ৰাজপথলৈ উলিয়াই আনিব লগা হৈছে।
ভাৰতবৰ্ষত সাম্প্রদায়িকতাৰ উৎস আৰু ইয়াৰ স্বৰূপ৷
সাম্প্ৰদায়িকতা বুলিলে পৰধৰ্মৰ প্ৰতি অসহিষ্ণুতাকে চিহ্নিত কৰে। বদৰুদ্দীন
ওমৰে তেওঁৰ ‘সাম্প্ৰদায়িকতা’
নামৰ গ্ৰন্থত সাম্প্ৰদয়িকতাৰ সংজ্ঞা এনেদৰে তুলি ধৰিছে-‘কোনো এজন ব্যক্তিৰ মনোভাবক তেতিয়াই সাম্প্রদায়িক আখ্যা দিয়া হয়,
যেতিয়া তেওঁ কোনো এক বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ অন্তৰ্ভূক্তিৰ
ভিত্তিত অন্য এক ধর্মীয় সম্প্ৰদায় আৰু তাৰ অন্তৰ্ভূক্ত ব্যক্তিসকলৰ বিৰুদ্ধাচৰণ
বা ক্ষতি সাধন কৰিবলৈ তৎপৰ হয়। এই ক্ষেত্ৰত কোনো ব্যক্তি বিশেষৰ ক্ষতি সাধন কৰাৰ
মানসিক প্রস্তুতি সেই ব্যক্তিৰ লগত সাক্ষাৎ পৰিচয় অথবা বিৰুদ্ধতাৰপৰা উদ্ভৱ নহয়।
ব্যক্তি বিশেষ ইয়াত গৌণ, মূখ্য হ’ল
সম্প্ৰদায়৷’ ইয়াৰপৰা এই সিদ্ধান্তলৈ আহিব পাৰি যে, বেলেগ সম্প্রদায় বা সম্প্রদায়ভূক্ত ব্যক্তিৰ ক্ষতিসাধন বা বিৰুদ্ধাচৰণ
কৰাৰ মানসিকতাই হ’ল সাম্প্ৰদায়িকতা। হিন্দু আৰু মুছলমানৰ
অৰ্থনৈতিক আৰু শিক্ষাগত বৈষম্যৰ কাৰণে কুৰি শতিকাৰ প্ৰথম ভাগৰপৰা ভাৰতবৰ্শত প্রথম
সাম্প্রদায়িকতাৰ উদ্ভৱ হৈছে বুলি ক'ব পাৰি।
মুছলমানসকল ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশ। চিপাহী
বিদ্ৰোহৰ সময়ত ভাৰতৰ মুঠ জনসংখ্যা আছিল ২৯ কোটি ৪০ লাখ। ইয়াৰে মুছলমান জনসংখ্যা
আছিল ৬ কোটি ২০ লাখ। অথচ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সকলো দায়-দায়িত্ব মুছলমানসকলৰ
ওপৰত জাপি দি তেওঁলোকৰ প্ৰতি ব্ৰিটিচ চৰকাৰে কঠোৰ নীতি অৱলম্বন কৰিছিল।
ব্ৰিটিচসকলৰ এই কঠোৰ নীতিৰ ফলত মুছলমানসকল ক্রমান্বয়ে ৰাজনীতিৰপৰা আঁতৰি আহিবলৈ
বাধ্য হৈছিল। ১৮৯৩ চনৰ নিৰ্বাচনত ৰাজকীয় পৰিষদৰ বেচৰকাৰী সদস্যসকলৰ ৪৫ শতাংশ আছিল
হিন্দু। মুছলমানসকল ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ হ’লেও তেওঁলোকক দিয়া হৈছিল মাথোন ১২ শতাংশ
আসনহে। বংগদেশত মুছলমানসকল সংখ্যা গৰিষ্ঠ হোৱা সত্ত্বেও ব্যৱস্থাপক পৰিষদত আসন
দিয়া হৈছিল মাথোন ৬ ভাগ। চাকৰিৰ ক্ষেত্ৰত মুছলমানসকলৰ অৱস্থা আছিল অতি কৰুণ।
প্রশাসনৰ কাৰ্যবাহী ও বিচাৰ বিভাগীয় অধঃস্তন পদত ১৮৫৭ চনত মুছলমানৰ সংখ্যা শতকৰা
৬৩.৯ জন আছিল যদিও ১৮৮৬-৮৭ চনত সেয়া ৪৫.১ শতাংশলৈ অৱনমিত হয়। অথচ এইবোৰ পদত হিন্দুৰ সংখ্যা বৃদ্ধি
পাই ২৪.১ শতাংশৰপৰা ৫০.৩ শতাংশলৈ
উর্দ্ধগামী হয়। পাছৰ পৰ্যায়ত হিন্দুৰ ক্ষেত্ৰত এই সংখ্যা ৬০ শতাংশ হয়গৈ। অর্থাৎ
অর্ধ শতাব্দীৰ কিছু বেছি সময়ৰ ব্যৱধানত চাকৰিৰ ক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ
অৱস্থা বিপৰীতমূখী হৈ পৰে। ফলত উভয় সম্প্ৰদায়ৰ মাজত মানসিক ব্যৱধান বৃদ্ধি পায়।
ইংৰাজী শিক্ষা গ্ৰহণ নকৰাটোৱে মুছলমানসকলৰ এই পশ্চাত্পদতাৰ
কাৰণ বুলি পলমকৈ হ'লেও
তেতিয়াৰ কিছু সংখ্যক সচেতন মুছলমানে উপলব্ধি কৰিব পাৰে আৰু তেওঁলোকে ইংৰাজী
শিক্ষা গ্রহণ আৰু ৰাজনৈতিক ঐক্যৰ ওপৰত গুৰুত্বাৰোপ কৰে। লগতে ব্ৰিটিচ চৰকাৰেও
মুছলমানসকলৰ এই পশ্চাদপদতা আঁতৰ কৰাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰে আৰু ইয়াৰ পদক্ষেপ
হিচাপে বংগ ভংগৰ পৰিকল্পনা কৰে। অৱশ্যে এই বংগ ভংগৰ অন্তৰালত ব্ৰিটিচ চৰকাৰৰ ‘বিভেদ ও শাসন’ নীতি সক্ৰিয় হৈ আছিল বুলি সচেতন মহলৰ
ধাৰণা৷ কাৰণ সেই সময়ত ভাৰতবৰ্ষত বিশেষকৈ বংগত ব্রিটিচ বিৰোধী আন্দোলন গা কৰি
উঠিছিল। ব্ৰিটিচ চৰকাৰে উপলব্ধি কৰিছিল যে, ব্ৰিটিচ বিৰোধী আন্দোলনৰ
লগত সমগ্ৰ ভাৰতবৰ্ষ জড়িত নহয়, ইয়াৰ বাবে একমাত্র দায়ী
বঙালীসকলহে। ব্ৰিটিচ প্ৰশাসনৰ এই উপলব্ধিৰ মাজত সত্যতাও আছিল। কাৰণ বংগৰপৰা এই
আন্দোলনৰ নেতৃত্ব দিয়া হৈছিল। গতিকে দেখাত মুছলমানসকলৰ পশ্চাদপদতা আঁতৰ কৰাৰ
কাৰণে এই বংগ ভংগৰ পৰিকল্পনা কৰা হৈছিল যদিও সচেতন মহলৰ মতে ইয়াৰ মাজত মূলতঃ
ব্ৰিটিচৰ ‘বিভেদ ও শাসন’ নীতিহে
সক্ৰিয় হৈ আছিল। অর্থাৎ বাঙালীসকলক প্রতিহত কৰাৰ কাৰণেহে এই বংগ ভংগৰ পৰিকল্পনা
কৰা হৈছিল। পূৰ্ববংগ ও অসমৰ দ্বিতীয় লেফটেনেণ্টৰ এটি বক্তব্যৰ পৰাও এই কথা স্পষ্ট
হৈ পৰে। তেওঁ ১৯০৬ চনৰ ৫ ফেব্ৰুৱাৰীত এটি বক্তব্যত কৈছিল- ‘বংগ
ভংগ কার্যতঃ বাঙালী ভদ্রলোকৰ শ্ৰেণী শাসন ধ্বংস কৰাৰ উদ্দেশ্যেই কৰা হৈছিল। কাৰণ
এই আন্দোলনৰ গুৰি ধৰোঁতা অধিকাংশ ভদ্রলোকেই আছিল হিন্দুৰ তিনি উচ্চবৰ্ণ-ব্রাহ্মণ,
কায়স্থ আৰু বৈশ্যৰ অন্তৰ্গত জমিদাৰ, মহাজন,
ব্যৱসায়ী আৰু কেৰাণী শ্ৰেণীৰ লোক। বেলেগ সকলো সম্প্রদায়ক বঞ্চিত
কৰি এওঁলোকে শিক্ষা ও চাকৰি-বাকৰি কুক্ষিগত কৰি লৈছিল আৰু এই একাধিপত্যই তেওঁলোকৰ
ৰাজনৈতিক ক্ষমতাৰ উৎস আছিল। সেয়ে এইসকল ভদ্রলোকৰ ক্ষমতা খর্ব কৰাৰ একমাত্র উপায়
আছিল অন্যান্য সম্প্ৰদায়ৰ বিকাশক উৎসাহিত কৰা। এই ক্ষেত্ৰত মুছলমানসকলৰ বিকাশকো
লক্ষ্য কৰা হৈছে।' এই বক্তব্যৰ পৰা ব্ৰিটিচৰ বিভেদ ও শাসন
নীতিৰে প্ৰতিফলন হৈছে।
সি যি কি নহওঁক, ১৯০৫ চনৰ ১৬ অক্তোবৰত বংগ ভংগ কাৰ্যকৰী কৰা হয়। বংগ ভংগৰ ফলত পূৰ্ববংগ
আৰু অসমৰ ৰাজনীতিত প্ৰাণ চাঞ্চল্য সৃষ্টি হয় । ১৯০৬ চনৰ ১৬ অক্তোবৰত বংগ ভংগৰ
প্ৰথম প্রতিষ্ঠাবার্ষিকী উপলক্ষ্যে ইষ্টার্ণ বেংগল আৰু অসমৰ ইৰা পত্ৰিকাত নতুন প্ৰদেশ
গঠনৰ ফলত হোৱা তলত দিয়া ৮ টা সুবিধাৰ কথা উল্লেখ কৰা হয়।
(১) ঢাকা নগৰৰ পুনর্জন্ম আৰু চট্টগ্রাম বন্দৰৰ উন্নতি। (২)
নদী আৰু খালবোৰৰ উন্নতি, ৰে'ল লাইন সম্প্ৰসাৰণ ও চট্টগ্রাম বন্দৰৰ লগত সংযোগ স্থাপন। (৩) নতুন
প্রাদেশিক প্রদেশ গঠন হোৱাৰ ফলত জমিদাৰ আৰু শিক্ষিত মধবিত্ত শ্ৰেণীৰ প্ৰতিনিধিসকলে
জনসাধাৰণৰ অভাৱ-অভিযোগৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ সুযোগ-সুবিধা। (৪) সুস্থ শাসন
আৰু জনসাধাৰণৰ ধন-জনৰ নিৰাপত্তা প্রদানত সুবিধা।
(৫) পূৰ্ববংগৰ শিক্ষিত লোকসকলৰ সংস্পৰ্শলৈ অহাৰ ফলত অনুন্নত
অসমৰ অধিবাসীসকলৰ উপকাৰ। (৬) পূৰ্ববংগৰ কাৰণে সুদক্ষ পুলিচ বাহিনীৰ ব্যৱস্থা।
(৭) প্ৰদেশৰ শিক্ষা ব্যৱস্থাৰ উন্নতি।
(৮) সাধাৰণ জনগণৰ
প্ৰদেশৰ প্ৰধান কৰ্ম-কৰ্ত্তাৰ সংস্পৰ্শলৈ অহাৰ সুবিধা আদি।
বংগ ভংগৰ দ্বিতীয় বছৰত মুছলমানৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে
ঢাকাৰ নবাব ছলিমুদ্দিনৰ নেতৃত্বত ১৯০৬ চনৰ ২৭ ডিচেম্বৰত মুছলিম লীগ গঠন কৰা হয়
আৰু মুছলিম লীগে জন্মলগ্নৰপৰাই বংগ ভংগক সমৰ্থন কৰিবলৈ লয়।
কিন্তু
কলিকতা কেন্দ্রিক সাধাৰণ মধ্যবিত্ত বাঙালী আৰু বৰ্ণ হিন্দুই ১৯০৩ চনৰ শেষৰ ফালে
বংগ ভংগৰ প্ৰস্তাৱ প্ৰথম প্ৰকাশিত হোৱাৰ পাছৰপৰাই বংগ ভংগৰ বিৰুদ্ধে প্রতিবাদ
কৰিবলৈ আৰম্ভ কৰে আৰু বংগ ভংগ কাৰ্যকৰী হোৱাৰ পাছত হিন্দু সমাজত বংগ ভংগৰ সপক্ষে আৰু
বিপক্ষে মিশ্রিত প্রতিক্রিয়া সৃষ্টি হয়। কলিকতাৰ শিক্ষিত মধ্যবিত্ত ও উচ্চবৰ্ণৰ
হিন্দু বিশেষকৈ জমিদাৰ, ৰাজনীতিবিদ, শিল্পপতি,
ব্যৱসায়ী, আইনজীৱী আৰু সাংবাদিকসকলে বংগ ভংগৰ
বিৰুদ্ধে অৱস্থান লয়। তেওঁলোকে বংগ ভংগক জাতীয় সংহতি আৰু ৰাজনৈতিক আন্দোলনৰ
প্ৰতি আঘাত বুলি অভিহিত কৰে। হিন্দু নেতৃত্বই ইয়াক বাঙালী বিৰোধী, জাতীয়তাবাদ বিৰোধী আৰু বংগ মাতাৰ অংগচ্ছেদ প্রভৃতি বিশেষণেৰে আখ্যায়িত
কৰে। প্রখ্যাত ৰাজনীতিবিদ সুৰেন্দ্ৰ নাথ বেনাৰ্জীয়ে মন্তব্য কৰে যে, বংগ বিভাজন কৰি হিন্দুসকলক অপমান ও অপদস্ত কৰা হৈছে। মুছলমানসকলৰ প্ৰতি
ব্ৰিটিচ চৰকাৰৰ পক্ষপাতিত্ব আৰু মুছলমানৰ প্ৰাধান্য প্ৰতিষ্ঠাৰ প্ৰচেষ্টা বুলি কৈ
তেওঁ বংগ ভংগক সাম্প্রদায়িক ৰূপ দিয়ে।
বর্ণ হিন্দুসকলে ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ টাউন হলত কাশিম
বজাৰৰ জমিদাৰ মহাৰজা মহেন্দ্ৰ চন্দ্ৰ নন্দীৰ সভাপতিত্বত এক প্রতিবাদী সভা আয়োজন
কৰে। উক্ত সভাত এক লাখ লোক অংশ গ্রহণ কৰিছিল বুলি বিভিন্ন পত্র-পত্রিকাই দাবি কৰে।
সভাপতিৰ বক্তৃতাত মহাৰজাই কয়- ‘নতুন
প্ৰদেশত মুছলমানসকল সংখ্যাগুৰু হ’ব আৰু বাঙালী হিন্দু
সংখ্যালঘু হ’ব। ফলত আমি নিজৰ দেশতে প্রবাসী হ’ব লাগিব।' বুদ্ধিজীৱীসকলে বংগ ভংগক বাংলা ভাষা আৰু
সাহিত্যৰ ওপৰত আঘাত বুলি মন্তব্য কৰে। ৰাজনীতিবিদসকলৰ ভিতৰত বংগ ভংগ বিৰোধী
আন্দোলনৰ নেতৃত্ব দিয়ে সুৰেন্দ্ৰ নাথ বেনাৰ্জী, গংগাধৰ তিলক,
অৰবিন্দ ঘোষ, বিপিন চন্দ্ৰ পাল, অশ্বিনী কুমাৰ দত্ত প্ৰমুখ্যে
প্রখ্যাত ব্যক্তিসকলে।
বংগ ভংগৰ বিৰুদ্ধে উচ্চবর্ণ ও বাঙালী মধ্যবিত্ত হিন্দুৰ
বিৰোধিতাৰ কাৰণ আছিল স্বাৰ্থজনিত। ঢাকাত নতুন প্রদেশ স্থাপিত হ’লে কলিকতা কেন্দ্রিক শিল্পপতি আৰু
ব্যৱসায়ীসকলৰ একচেটীয়া ব্যৱসায়ত বিঘ্ন ঘটাৰ আশংকাত তেওঁলোকে ইয়াৰ বিৰোধিতা
কৰিছিল। বেংগল নেচনেল চেম্বার্চ অফ কমার্চ, জুটমিল
এচোচিয়েশ্বন, ইণ্ডিয়ান মাইনিং এচোচিয়েশ্বন প্রভৃতি
ব্যৱসায়িক সংগঠন বংগ ভংগৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদৰ্শন কৰে আৰু প্ৰতিবাদ লিপি
চৰকাৰলৈ প্ৰেৰণ কৰে। শিক্ষিত মধ্যবিত্ত, আইনজীৱী, সাংবাদিকসকলো অনুৰূপ কাৰণতে ভীত আছিল। ঢাকাত নতুন হাইকোর্ট স্থাপন হ’লে তেওঁলোকৰ আইন ব্যৱসায়ত মন্দা পৰিব বুলি
আইনজীৱীসকল শংকিত হৈ উঠিছিল। কাৰণ তেওঁলোকৰ বেছিভাগ মক্কেলেই পূৰ্ববংগৰ আছিল।
কংগ্ৰেছৰ প্ৰতিক্ৰিয়া- হিন্দু সম্প্ৰদায়ৰ সমৰ্থন ও
সহযোগিতা পোৱাৰ আশাত ভাৰতীয় জাতীয় কংগ্ৰেছ বংগ ভংগৰ বিৰুদ্ধে সর্বাত্মক আন্দোলন
গঢ়ি তোলে। বংগ ভংগৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ প্ৰতিটোতে কংগ্ৰেছ
নেতৃত্বই অংশ গ্ৰহণ কৰি বংগ ভংগ বাতিলৰ বাবে দাবি জনায়। বংগ ভংগ বিৰোধী আন্দোলনত অংশ গ্ৰহণ
কৰাৰ ফলত অসাম্প্রদায়িক সংগঠন হিচাপে কংগ্ৰেছৰ যি পৰিচয় আছিল সেয়া ক্রমশঃ
অন্তর্নিহিত হ’বলৈ ধৰে। বংগ ভংগক
কেন্দ্ৰ কৰি কংগ্ৰেছে হিন্দুসকলৰ মানসিকতাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ সুযোগ
গ্রহণ কৰে। ফলত কংগ্ৰেছ এটি হিন্দু সংগঠনৰূপে আত্মপ্রকাশ কৰে। ১৯০৪ চনৰ বোম্বাই
অধিবেশনত বংগ ভংগ পৰিকল্পনাক বাঙালীৰ জাতীয়সত্ত্বাক খণ্ডিত কৰাৰ পৰিকল্পনা বুলি
কংগ্ৰেছে অভিহিত কৰে। আন্দোলন জোৰ্দাৰ কৰাৰ কাৰণে বংগ ভংগ কাৰ্যকৰী হোৱাৰ দুমাহ আগত
৭ আগষ্টত কলিকতাৰ এক জনসভাৰপৰা কংগ্ৰেছে স্বদেশী আন্দোলনৰ আহ্বান জনায়। কংগ্ৰেছী
হিন্দুসকলৰ এই বিক্ষোভ আৰম্ভণীত ব্ৰিটিচ চৰকাৰৰ বিৰুদ্ধে পৰিচালিত হ’লেও সেয়া শেষ মুহূৰ্তত বংগ ভংগৰ সমৰ্থন বিৰোধী আন্দোলনলৈ পর্যবসিত হয়।
হিন্দু সম্প্ৰদায়ৰ বিভিন্ন কাৰ্যসূচী আৰু হিন্দু-মুছলমান
সংঘাতৰ সূত্ৰপাত- ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা হিন্দু
সম্প্ৰদায়ৰ লোকে শোক দিৱস পালন কৰে আৰু অনশনত থাকি সকলো ধৰণৰ কৰ্ম বৰ্জন কৰি খালী
ভৰিত খোজ কাঢ়ি গংগাস্নানলৈ যায়। ইয়াৰ আগত হিন্দুৰ ঐক্য ও ভ্রাতৃত্বৰ প্রতীক
ৰাখী বান্ধি (বাহুত ৰঙা ফিতা ধাৰণ কৰি) কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে নতুন
কর্মসূচীৰ নেতৃত্ব দিয়ে। বংগ ভংগ বিৰোধী হিন্দুসকলে প্ৰচাৰ কৰিবলৈ ধৰে যে, বংগ ভংগৰ অৰ্থ হৈছে বংগমাতাৰ অংগচ্ছেদ আৰু
কালীমাতাৰ প্ৰতি অপমানৰ লেখীয়া কথা ৷ হিন্দুধৰ্মত কালী হ’ল
মাতৃভূমিৰ প্রতীক। সেয়ে বংগ ভংগ বিৰোধী আন্দোলনকাৰীসকলে ‘বন্দেমাতম’ক তেওঁলোকৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰি এই সংগীতক শ্লোগান হিচাপেলৈ
সভা-সমিতিত ব্যৱহাৰ কৰিবলৈ ধৰে। এই কাৰ্যত মুছলমানসকলৰ অনুভূতিত আঘাত লাগে। ফলত
বংগ ভংগ বিৰোধী আন্দোলন ক্ৰমে মুছলমান বিৰোধী আন্দোলনৰ ৰূপ পৰিগ্ৰহ কৰে। বংগ আৰু
বংগৰ বাহিৰতো হিন্দু সম্প্ৰদায়ৰ মাজত এই বংগ ভংগ বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ
কৰে। ইয়াৰ ফলত ক’বলৈ গ'লে ভাৰতবৰ্ষ
সৰ্বপ্ৰথম সাম্প্রদায়িক হুমকিৰ সন্মুখীন হয়। কুমিল্লা, ঢাকা,
ফৰিদপুৰ, জামালপুৰ, ৰাজশাহী,
ময়মন সিং, পাবনাসহ পূর্ববংগৰ বহু ঠাইত
১৯০৬-০৭ বৰ্ষত সংঘর্ষ হয়। এইবোৰ সংঘৰ্ষত বহু লোক হতাহত হয়। ১৯০৬ চনৰ অক্তোবৰ
মাহত বংগ ভংগৰ প্ৰথম বার্ষিকীত হিন্দুসকলৰ লগতে
কংগ্ৰেছে শোক দিৱস পালন কৰে। কিন্তু লক্ষ্যণীয় বিষয় যে, উচ্চবৰ্ণৰ হিন্দুসকলে বংগ ভংগৰ বিৰোধিতা
কৰিলেও নিম্নবৰ্ণৰ হিন্দু বিশেষকৈ নমঃশূদ্রসকলে বংগ ভংগক স্বাগত জনাইছিল। বাখেগঞ্জ,
ফৰিদপুৰৰ নমঃশূদ্ৰসকলে বংগ ভংগৰ সমৰ্থনত সবল মতামত ব্যক্ত কৰিছিল। ইয়াৰপৰা
এই বংগ ভংগ বিৰোধী আন্দোলন যে মাথোন অভিজাত আৰু মধ্যবিত্ত হিন্দুৰ আন্দোলন আছিল এই
কথা অনুমান কৰিবলৈ অসুবিধা নহয়।
বংগ ভংগৰ বিৰোধিতা কৰি কংগ্ৰেছে হিন্দুসকলৰ সমৰ্থকত পৰিণত
হয় আৰু বংগ ভংগক হীন ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি মুছলমানসকলৰপৰা দূৰলৈ আঁতৰি
যায়। ফলত মুছলমানসকলে কংগ্ৰেছৰ জাতীয়তাবাদী ঐক্যৰ আদৰ্শক সন্দেহৰ চকুৰে চাবলৈ
ধৰে। বহুতো মুছলমানে কংগ্ৰেছ ত্যাগো কৰে। তথাপিও কংগ্ৰেছে বংগ ভংগ বিৰোধী ভূমিকা
গ্ৰহণ কৰি বংগ ভংগ ৰদৰ বাবে বহুমূখী চাপ অব্যাহত ৰাখে। ১৯১১ চনৰ জুন মাহত
সুৰেন্দ্ৰ নাথ বেনাৰ্জীৰ নেতৃত্বত বংগৰ ১৮ খন জিলাৰ প্ৰভাৱশালী ব্যক্তিসকলে বংগ
ভংগ ৰদৰ বাবে ভাৰতৰ নতুন বৰলাট লর্ড হার্ডিঞ্জৰ ওচৰলৈ চৰম পত্ৰ প্ৰেৰণ কৰে। চৰম
পত্ৰ পোৱাৰ পাছত হাৰ্ডিঞ্জে বংগ ভংগ ৰদ কৰিবলৈ সিদ্ধান্ত লয় আৰু উক্ত চনৰে ১২
ডিচেম্বৰত বংগ ভংগ ৰদ চূড়ান্ত কৰে।
বংগ ভংগ ৰদৰ ফলত মুছলমানসকলে নিজৰ স্বাৰ্থ ও
স্বতন্ত্রতাবোধক অধিক পৰিকল্পিত ভাবে উপস্থাপনৰ কাৰণে মুছলিম লীগক মুখপত্ৰত পৰিণত
কৰে। মাথোন পূর্ববংগতে নহয় ১৯১২ চনত বংগীয় মুছলিম লীগ কলিকতাতো গঠন কৰা হয়।
পৰৱৰ্ত্তী কালত এই মুছলিম লীগেই পূৰ্ববংগৰ মুছলমানক নেতৃত্ব দিয়ে। এই দৰেই বংগ
ভংগৰপৰা হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক মনোভাৱ গা কৰি উঠে। (উৎস- বাংলাদেশৰ
ইতিহাস ১৯০৫-১৯৭১, লেখক-
ড০ আবু মোঃ দেলোয়াৰ হোসেন)
স্বতন্ত্ৰতাবোধ আৰু সাম্প্ৰদায়িকতা
নীৰদ চৌধুৰীয়ে তেওঁৰ ‘আমাৰ দেশ আমাৰ শতক’ নামৰ গ্ৰন্থত স্বতন্ত্রতাবোধ আৰু
সাম্প্রদায়িকতাৰ বিষয়ে এক অনুসন্ধানমূলক প্ৰৱন্ধত এনেদৰে লেখিছে- ‘স্বতন্ত্রতা সকলোৰে কাম্য। এখন সমাজে আন এখন সমাজৰপৰা, এক জাতিয়ে আন এক জাতিৰপৰা, এক ধৰ্মাৱলম্বীলোকে আন
এক ধৰ্মাৱলম্বীলোকৰপৰা আৰু এখন দেশে আন এখন দেশৰপৰা স্বাতন্ত্রতা বিচাৰে৷ আন অৰ্থত
স্বতন্ত্রতাবোধৰ কাৰণ হিচাপে ভাষা-সংস্কৃতি, পৰম্পৰা,
বিশ্বাস-অবিশ্বাস আদি বিভিন্নতাকে চিহ্নিত কৰিব পাৰি। ভাষাই
ভাষাৰপৰা, প্রান্তিকতাই প্রান্তিকতাৰপৰা, ৰীতি-নীতিয়ে ৰীতি-নীতিৰপৰা স্বাতন্ত্রতা বিচাৰে। এই স্বতন্ত্রতাবোধৰ ফলত
কেতিয়াবা সংঘৰ্ষৰ সূত্রপাত হয়।' পৃথিবীখনক সম্প্রতি স্বতন্ত্রতাবোধৰ
ক’লা ডাৱৰে ছানি ধৰিছে। ফলত পৃথিবীখন বিচ্ছিন্নতাবাদ তথা
স্বতন্ত্রতাবোধৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে। এই বিচ্ছিন্নতাবাদৰ পোষকতা কৰিছে
সাম্প্রদায়িকতাবাদে। এই আলোচনাত ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতাবাদৰ ওপৰত আলোচনা কৰাৰ
কাৰণে প্ৰয়াস কৰা হ’ব।
ভাৰত হিন্দু ও মুছলমান দুই সম্প্ৰদায়ৰ দেশ।
হিন্দু-মুছলমানৰ বিৰোধৰ মূলত আছে স্বতন্ত্রতাবোধৰ অভিশাপ। কিন্তু এই স্বতন্ত্রতা কোনো
ব্যক্তি বিশেষৰ স্বতন্ত্রতা নহয়— দুই
বিৰাট সম্প্ৰদায়ৰ স্বতন্ত্রতা। হিন্দুৰ হিন্দুত্ব আৰু মুছলমানৰ মুছলমানত্ব বৰ্তাই
ৰখাৰ হাবিয়াসেই সাম্প্রদায়িকতাবাদৰ জন্ম দিছে। হিন্দুসকলৰ মুছলমানৰ বিৰুদ্ধে
অভিযোগ— মুছলমানসকল বিদেশী জাতীয় আদৰ্শৰ প্ৰতি মোহাচ্ছন্ন।
যি ধর্ম-সংস্কৃতি মুছলমানসকলে আঁকোৱালি আছে, সেয়া বিদেশী।
গতিকে সেইবোৰ ত্যাগ কৰি মুছলমানসকলে ভাৰতীয় ৰীতি-নীতি তথা সংস্কৃতিৰ পোষকতা কৰাটো
হিন্দুসকলে কামনা কৰে। কিন্তু মুছলমানসকলে স্বতন্ত্ৰতা হেৰুৱাৰ ভয়ত সেইবোৰ এৰি
দিব নিবিচাৰে। আনহাতে হিন্দুসকল নিজৰ আচাৰ-আচৰণ, সংস্কৃতিৰ
ধাৰা বৰ্তাই ৰাখিবলৈ বদ্ধপৰিকৰ। এয়াই হ’ল হিন্দু মুছলমান
বিৰোধৰ প্ৰধান কথা।
হিন্দু ও মুছলমানৰ শাস্ত্রীয় বিধানৰ ওপৰত দৃষ্টিপাত কৰিলে
দেখা যায়, হিন্দু ও মুছলমান
উভয় সম্প্রদায়ে নিজৰ ঐক্য সম্পর্কে সচেতন আৰু এক সম্প্ৰদায় আন এক সম্প্ৰদায়ৰ
প্ৰতি সহিষ্ণু। কিন্তু উভয় ধৰ্মত এনেকুৱা কিছুমান বিধান আছে যি অইন
ধৰ্মাৱলম্বীলোকৰ কাৰণে গ্রহণ যোগ্য নহয়। প্রথমতে হিন্দু ধৰ্মৰ কথাই ধৰা যাওঁক।
হিন্দু ধৰ্মত আন ধৰ্মাৱলম্বী লোকৰ ওপৰত আক্ৰমণ কৰাৰ বিধান নাই, কিন্তু নিজৰ জাতি ৰক্ষাৰ নামত এনেকুৱা কিছুমান বিধান আছে, যি আইন ধৰ্মাৱলম্বীলোকৰ কাৰণে অপমানজনক।
ইচলামৰ ধৰ্মীয় বিধানতো অইন ধৰ্মাৱলম্বীলোকক প্রত্যক্ষ ভাবে
ঘিণ কৰাৰ বিধান নাই। কিন্তু এনেকুৱা কিছুমান নীতি-নিৰ্দ্দেনা আছে যিবোৰক অইন
ধৰ্মাৱলম্বীলোকে সন্দেহৰ চকুৰে চায়। যেনে- কিছু সংখ্যক গোড়া মুছলমানে ইচলামিক
ৰাষ্ট্ৰক ‘দাৰুল ইচলাম’ অৰ্থাৎ শান্তিৰ দেশ আৰু অনাইচলামিক ৰাষ্ট্ৰক ‘দাৰুল
হৰব’ অৰ্থাৎ যুদ্ধৰ দেশ বুলি অভিহিত কৰে। সেয়েহে
অনাইচলামিকসকলে মুছলমানসকলৰ এই মনোভাৱক সন্দেহৰ চকুৰে চায়। ইচলামী আদৰ্শত
দেশপ্ৰেমক ইমানৰ অংগ বুলি ধৰা হয় ৷ সেয়ে উপৰোক্ত ভাষ্য ইচলামী আদৰ্শৰ পৰিপন্থী। যিখন
দেশত বসবাস কৰা হয় সেইখন দেশৰ প্রতি আনুগত্য প্রকাশৰ কাৰণেও ইচলাম নিৰ্দ্দেশ
দিছে। তথাপিও এই ভাষ্যই অইন ধৰ্মাৱলম্বী লোকৰ মনত সন্দেহৰ উদ্রেক কৰে। আৰু উদ্রেক
হোৱাটো স্বাভাৱিকো। এজন মুছলমান আন এজন মুছলমানৰ অধীনত থাকিব নোৱাৰে। এজন মুছলমান
আন এজন মুছলমানৰ প্ৰতি সহানুভূতিশীল। (এই কথাৰ সত্যতা সম্প্রতি নাই যেন লাগে।) এই
সহানুভূতিশীলতাই মুছলিম জগতখনক ঐক্যৰ এনাজৰীৰে বান্ধি ৰাখিছে। এই ঐক্যৰ বলতেই
মুছলমানসকল এটা সময়ত বিশ্বৰ মাজত শক্তিশালী জাতি ৰূপে পৰিগণিত হৈছিল। যাৰ ফলত
মুছলমানসকল বিশ্বৰ বুকুত সুশিক্ষিত শক্তিশালী জাতি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম
হৈছিল। ধৰ্মৰ ক্ষেত্ৰত গোড়ামী থকা সত্ত্বেও ধৰ্ম প্ৰচাৰ কৰিবলৈ বিভিন্ন দেশলৈ গৈ
শিল্প-সংস্কৃতিৰ বীজ বহন কৰি আনিছিল। চীনৰপৰা লৈ আহিছিল দিকদর্শন যন্ত্র। শিকিছিল চৈনিক কাগজ আৰু বাৰুদ শিল্প। শিল্প-সংস্কৃতিৰ লগতে
নৌবিদ্যা আৰু সামৰিক বিদ্যাতো আৰবসকল উন্নত আছিল। ফলত তেওঁলোকে ধৰ্ম প্ৰচাৰৰ লগে
লগে দেশ জয়ো কৰিছিল৷ ভাৰতবৰ্ষলৈ তেওঁলোকৰ তেনেকৈয়ে আগমন হৈছিল। কিন্তু প্রশ্ন জাগে, সংখ্যালঘু জাতি এটাই কেনেকৈ সংখ্যাগুৰু
জাতি এটাক শাসন কৰিছিল ? সাত আঠশ বছৰ সংখ্যাগুৰু হিন্দু আৰু
সংখ্যালঘু মুছলমান একেলগে বসবাস কৰিছিল কেনেকৈ ? ইয়াৰ কাৰণ
হ’ল, মুছলমানসকলে দেশ শাসন কৰিছিল আৰু
মুছলমানসকল অমুছলমানতকৈ শক্তিশালী আছিল । ফলত হিন্দুসকলে মুছলমানসকলৰ প্ৰতি
সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। অমুছলমানসকলে মুছলমানসকলৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শনৰ
আন এটা কাৰণ আছিল—মুছলমানসকল প্ৰথমাৱস্থাত ভাৰতবৰ্ষ শাসন
কৰিবলৈ অহা নাছিল, আহিছিল ভাৰতবৰ্ষৰ ঐশ্বৰ্য-বিভূতিৰ কথা
শুনি লুট-পাত কৰিবলৈহে। স্থায়ী বাবে শাসন প্রতিষ্ঠাৰ কথা ভবা নাছিল। সেয়ে
ভাৰতীয় হিন্দুই তেওঁলোকক ধৰ্মীয় সম্প্ৰদায়ৰ আধাৰত চিহ্নিত কৰা নাছিল; লুণ্ঠনকাৰী হিচাপেহে চিহ্নিত কৰিছিল।
ইয়াৰ মাজতে যিসকল বিদেশী শাসকে ভাৰতবৰ্ষত শাসন কার্য
চলাইছিল তেওঁলোক প্ৰকৃতাৰ্থত নিজৰ ইচ্ছাত ভাৰতবৰ্ষলৈ অহা নাছিল; বৰং তেওঁলোকক আমন্ত্ৰণ কৰিহে অনা হৈছিল৷
ভাৰতৰ ৰজাসকলৰ অৰিয়া-অৰি আৰু স্বেচ্ছাচাৰিতাৰ ফলত কিছু কিছু ৰাজকৰ্মচাৰী ও প্রজা
সময়ে সময়ে অতিষ্ঠ হৈ বিদ্রোহ ঘোষণা কৰিছিল আৰু সেই বিদ্রোহী ৰাজকৰ্মচাৰী ও
প্রজাসকলে বিদেশী শাসকসকলক আমন্ত্রণ কৰি আনিছিল। বিদেশী শাসকসকলে শাসনৰ বাঘজৰী
চম্ভালিয়ে উপলব্ধি কৰিব পাৰিছিল যে, সংখ্যালঘু সম্প্রদায়
এটাই সংখ্যাগুৰু সম্প্ৰদায় এটাক শাসন কৰিবলৈ হ’লে সিহঁতৰ
ৰীতি-নীতি, ভাষা-সংস্কৃতি তথা ধৰ্মৰ প্ৰতি উদাৰ নীতি অৱলম্বন
নকৰিলে শাসন কাৰ্য চলোৱাটো সম্ভৱ নহ'ব। সেয়ে মুছলমান
শাসকসকলে ধৰ্মৰ দৰে স্পর্শকাতৰ বিষয়ৰ ওপৰত হস্তক্ষেপ নকৰিছিল; বৰং ধৰ্মৰ বাহিৰে আন বহুতো আচাৰ- আচৰণ, ভাষা-সংস্কৃতি
গ্ৰহণ কৰিবলৈ যত্ন কৰিছিল। যাৰ ফলত উদ্ভৱ হৈছিল হিন্দী আৰু পাৰ্চীৰ সংমিশ্ৰণত
উদ্ভুত উমৈহতীয়া ভাষা উর্দূৰ। আনহাতে হিন্দুসকলে নির্বিবাদে নিজৰ ধৰ্ম, আচাৰ-অনুষ্ঠান আদি পালন কৰিব পাৰিছিল। মহামতি আকবৰে নিজৰ প্ৰাসাদতে ৰাজপুত জীয়াৰী যোধাবাঈক
নিজৰ ধৰ্মাচৰণ কৰাৰ সুবিধা দিয়াৰ মূলতো এই মনোভাৱৰে প্ৰতিফলন ঘটিছিল।
তেতিয়া হিন্দু ব্ৰাহ্মণসকলৰ প্ৰাধান্য বৰ বেছি আছিল।
তেওঁলোকে সাধাৰণ কথাতে জাতিচ্যুত বা ধৰ্মচ্যুত কৰাটো আছিল সাধাৰণ ঘটনা। গতিকে
বহুতো হিন্দুই বিশেষকৈ বৌদ্ধ ধৰ্মাৱলম্বী লোক আৰু নিম্নবৰ্ণৰ হিন্দুই ব্ৰাহ্মণসকলৰ
আচৰণত অতিষ্ঠ হৈ ইচলাম ধর্ম গ্রহণ কৰিছিল। এই ধর্মান্তকৰণ মাথোন বংগতে হোৱা নাছিল, ভাৰতৰ অন্যান্য প্রদেশতো হৈছিল। পঞ্জাৱৰ
গাঁও অঞ্চলৰ বহু মুছলমানক এতিয়াও জাতি হিচাপে পৰিচয় সুধিলে নিজক জাঠ, ৰাজপুত, আবন নাইবা গাক্কাৰ বুলি পৰিচয় দিয়া দেখা
যায়। ভাৰতৰ পঁচাশী শতাংশ মুছলমানেই এনেকুৱা ধৰ্মান্তৰিত মুছলমান। লক্ষ্য কৰিলে
দেখা যায় যে, ভাৰতবৰ্ষৰ সকলো ঠাইতে ধর্মান্তৰিত মুছলমানসকলে
ইচলামৰ বিধি-বিধানৰ লগতে বহু হিন্দু আচাৰ-পৰম্পৰা পালন কৰে। ইচলাম ধৰ্ম গ্ৰহণ
কৰিলেও লোকাচাৰ, দৈনন্দিন উৎসৱ-পাৰ্বণ এনেকি পূজা-পার্বণতো পৰোক্ষ
ভাবে অংশ গ্ৰহণ কৰে। তদুপৰি হিন্দু ৰজাসকলৰ শাসন কালত প্ৰজা সাধাৰণ সততে বিদেশী
আক্রমণকাৰীৰ অত্যাচাৰ, উৎপীড়নৰ বলি হ’ব
লগা হৈছিল। কিন্তু বিদেশীসকলে স্থায়ী ভাবে শাসনভাৰ চম্ভালাৰ পাছত হিন্দুসকল সেই
অন্যায়-অত্যাচাৰৰপৰা ৰক্ষা পৰিছিল। যাৰ ফলত পুনৰ যাতে অন্যায়-অত্যাচাৰৰ সন্মুখীন
হ’ব লগা নহয় তাৰ বাবে পাৰস্পৰিক ভাৱ আদান-প্ৰদানৰ জৰিয়তে
উভয় সম্প্রদায় শান্তিপূর্ণ সহাৱস্থানৰ ভাবে আগ্রহী আছিল।
ইয়াৰ উপৰিও তেতিয়াৰ মুছলমানসকলৰ দৰে হিন্দুসকলো এতিয়াৰ
দৰে গোড়া নাছিল। কাৰণ হিন্দু সভ্যতাৰ প্ৰাচীন গৌৰৱ গাঁথা সাধাৰণ শ্রেণী হিন্দুৰ
মাজত তেতিয়াও এতিয়াৰ দৰে সিমান জনপ্রিয় হ’বপৰা নাছিল। হিন্দু ব্রাহ্মণ পণ্ডিতসকলৰ মাজতে সেই গৌৰৱ গাঁথা সীমাৱদ্ধ
আছিল। গতিকে হিন্দু সংস্কৃতি লোপ পোৱাৰ আশংকাত হিন্দুই মুছলমানৰ আচাৰ, ভাষা-সংস্কৃতি, পোচাক-পৰিচ্ছদ, শিল্প-ক’লা আদি গ্ৰহণ কৰিবলৈ ভয় কৰা নাছিল। ফলত
ভাষা-সংস্কৃতি আদান-প্রদানৰ জৰিয়তে উভয় সম্প্ৰদায়ৰ মাজত সৌহৃদ্যৰ বাতাৱৰণ
সৃষ্টি হৈছিল। হিন্দুৰ হিন্দুত্ব আৰু মুছলমানৰ মুছলমানত্ব ৰক্ষাৰ কাৰণে হিন্দু
ব্ৰাহ্মণ আৰু মৌলবীসকল আছিল যদিও অসূচল যোগাযোগ ব্যৱস্থাৰ কাৰণে তেওঁলোক সাধাৰণ
শ্ৰেণী মানুহৰ ওচৰ চাপিবপৰা নাছিল। সমাজৰ উচ্চস্তৰতে তেওঁলোকৰ প্ৰাধান্য সীমিত
আছিল।
ব্ৰিটিচ শাসনৰ প্ৰথমাৱস্থাতো হিন্দু-মুছলমানৰ মাজত
ঐক্য-সম্প্রীতি অটুট আছিল আৰু উভয় সম্প্রদায়ে তলে তলে ব্ৰিটিচৰ বিৰুদ্ধে সংঘৱদ্ধ
হৈছিল। ১৮৫৭ চনৰ চিপাহী বিদ্রোহই ইয়াৰ উৎকৃষ্ট উদাহৰণ। অষ্টাদশ শতাব্দীলৈকে এই
সম্প্রীতি অটুট আছিল৷ কাৰণ অষ্টাদশ শতাব্দীলৈকে বেদৰ বাণীসমূহ সাধাৰণ মানুহৰ মাজত
জনপ্ৰিয় হ’বপৰা নাছিল। কাৰণ
তেতিয়া বেদৰ বাণীসমূহ মুখে মুখে প্রচলিত হৈ থকাৰ কাৰণে সেইবোৰ ব্ৰাহ্মণ
পণ্ডিতসকলৰ মাজতে সীমাৱদ্ধ হৈ আছিল। তদুপৰি ৰামায়ণ, মহাভাৰত
সংস্কৃত ভাষাত ৰচিত কাৰণে সাধাৰণ মানুহে ইয়াৰ ৰস্বাদন কৰিবপৰা নাছিল। অষ্টাদশ
শতাব্দীত বেদৰ বাণীসমূহ মূদ্রিত হয় আৰু জন সাধাৰণে ইয়াৰ সামৰ্ম উপলব্ধি কৰাৰ সুযোগ
পায় । লগে লগে হিন্দুসকল অধিক পৰিমাণে হিন্দু ভাৱাপন্ন হৈ উঠে আৰু হিন্দুৰ
সমান্তৰাল ভাবে মুছলমানসকলো প্রতিযোগিতামূলক মনোভাবেৰে অধিক পৰিমাণে মুছলমান
ভাৱাপন্ন হৈ উঠে। ফলত হিন্দু-মুছলমানৰ মাজত ব্যৱধান বৃদ্ধি পায় আৰু উভয়
সম্প্রদায় সাম্প্রদায়িকমনোভাৱাপন্ন হৈ উঠে।
এই সাম্প্রদায়িক মনোভাৱত ব্রিটিচসকলেও ইন্ধন যোগাইছিল।
কাৰণ তেওঁলোক আছিল অতি সুচতুৰ জাতি। তেওঁলোকে লক্ষ্য কৰিছিল যে, দুই বৃহৎ সম্প্রদায় হিন্দু-মুছলমানৰ মাজত
ব্যৱধান সৃষ্টি কৰিব নোৱাৰিলে সৰহ দিন ভাৰতবৰ্ষ শাসন কৰা অসম্ভৱ। সেয়ে তেওঁলোকে
ৰাজনৈতিক কাৰণতে হিন্দু-মুছলমানৰ মাজত ব্যৱধান সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিছিল৷ কাৰণ
হিন্দু-মুছলমানৰ ব্যৱধানৰ মাজতে তেওঁলোকৰ সাম্ৰাজ্যৰ স্থায়ীত্ব নিৰ্ভৰ কৰিছিল।
কিয়নো তেওঁলোকে অতি অন্যায় ভাবে ষড়যন্ত্ৰৰ সহায়ত এই দেশ অধিকাৰ কৰিছিল আৰু তেওঁলোকৰ
নিষ্ঠুৰ শাসন-শোষণত দেশৰ মানুহৰ জীৱন দুর্বিষহ হৈ উঠিছিল। ভূতৰ ওপৰত দানহ পৰাদি
দেশত কে’বাটাও দুর্ভিক্ষ হৈ গৈছিল আৰু সেই দুর্ভিক্ষৰ
তাণ্ডৱত বহু মানুহ মৃত্যুমুখত পৰিছিল। বংগত এই দুর্ভিক্ষৰ তাণ্ডৱ আছিল অতি ভয়াৱহ।
একমাত্র ছিয়াত্তৰ (১৭৭৫-৭৬)ৰ দুর্ভিক্ষৰ ফলতে বংগৰ এক তৃতীয়াংশ মানুহ মৃত্যুমুখত
পৰিছিল। এই অপকীৰ্ত্তিৰ ওপৰত পৰ্দা দিয়াৰ কাৰণে ব্ৰিটিচসকলে তেওঁলোকৰ তাবেদাৰ
লেখকৰ জৰিয়তে প্ৰচাৰ চলাইছিল যে, মুছলমান শাসন কালত নানা
প্ৰকাৰে অত্যাচাৰিত হৈ হিন্দুসকল ধ্বংসৰ মুখলৈ গতি কৰিছিল। ব্ৰিটিচসকলে এই দেশ
অধিকাৰ নকৰিলে তেওঁলোকৰ অৱস্থা আৰু অধিক শোচনীয় হ’লহেঁতেন।
তেওঁলোকেহে হিন্দুসকলক উদ্ধাৰ কৰিছে। এই প্ৰসংগত কর্নিংহামৰ হিষ্ট্রি অফ শিখচ্,
ডাফৰ হিষ্ট্রি অফ মাৰাঠাচ (১৮২৬) আৰু টডৰ এনালাইচিচ এণ্ড
এণ্টিকুইটিচ অফ ৰাজস্থান (১৮২৯-৩২) আদি গ্রন্থ বিশেষ ভাবে উল্লেখযোগ্য। মুছলমান
শাসকসকলে হিন্দু প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰ-উৎপীড়নৰ কিছুমান মনেগঢ়া কাহিনী
ইয়াত সন্নিৱিষ্ট কৰা হৈছিল আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে সেইবোৰ প্ৰচাৰ কৰি
হিন্দুসকলক মুছলমান বিদ্বেষী কৰি তুলিবলৈ প্ৰয়াস কৰিছিল। এই ক্ষেত্ৰত ব্রিটিচসকল
সফলো হৈছিল। এইসমূহ গ্ৰন্থৰ উপাদানৰ জৰিয়তে যিসকল বাঙালী সাহিত্যিকে নাটক, কাব্য-উপন্যাস ৰচনা কৰিছিল তেওঁলোকেও সাম্প্রদায়িক মনোভাৱৰ পৰিচয়
দিছিল। হিন্দু অভিজাত শ্ৰেণীৰ এটা অংশ ব্ৰিটিচসকলৰ কৌশলগত সৃষ্ট কূট-কৌশলী মনোভাৱৰ
দ্বাৰা ইমানেই আকৃষ্ট হৈছিল যে, তেওঁলোকে পত্র-পত্রিকাত সততে
এই মনোভাৱকে ব্যক্ত কৰিছিল । ১৮৭০ চনত সোমপ্ৰকাশ পত্ৰিকাত লেখা হৈছিল- ‘মুছলমান ৰাজত্বকালত প্ৰজাসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ ও পীড়ন চলোৱা হৈছিল, এতিয়া সেইবোৰ অত্যাচাৰৰ কথা শুনিলেও হৃদকম্প উপস্থিত হয়।......সেই
হিচাপে ব্ৰিটিচ ৰাজ্যক ৰামৰাজ্য বুলি ক’লেও হয়তো অত্যুক্তি কৰা
নহ’ব।’ (উৎস- হিন্দু-মুছলমানৰ সম্পৰ্ক
ভাল কৰাৰ উপায়।)
এইদৰে হিন্দু পুনর্জ্জীৱনবাদৰ উদ্ভৱ হয়। হিন্দু প্রীতি
ক্ৰমে হিন্দুত্ব প্ৰীতিৰ মাধ্যমত সাম্প্ৰদায়িকতালৈ পর্যবসিত হয়। ৰাজনাৰায়ণ, নৰগোপাল মিত্ৰৰ উদ্যোগত আৰু ক্ৰমে
দেবেন্দ্রনাথ, দ্বিজেন্দ্রনাথ ও গণেন্দ্ৰনাথৰ সহযোতিতাত ১৮৬৭
চনত স্থাপিত হয় হিন্দুমেলা বা জাতীয় মেলা। ইয়াৰ আগতে স্থাপিত হৈছিল নেচনেল
পেপাৰ (১৮৬৫ চন), ইয়াৰ পাছত স্থাপিত হয় জাতীয় সভা
(১৮৭০চন) আৰু জাতীয় বিদ্যালয় (১৮৭২ চন)।
হিন্দুসকলৰ পুনজ্জীৱনবাদৰ লগে লগে আৰম্ভ হয় গো-ৰক্ষা
আন্দোলন আৰু শিৱাজী উৎসৱ। আর্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীয়ে ১৮৮২ চনত
গো-হত্যা নিবাৰণী সভা স্থাপন কৰে। ভাৰতবৰ্ষৰ অন্যান্য অংশৰ দৰে বংগতো গো-ৰক্ষিণী
সভা স্থাপিত হয়। এই সভাৰ সদস্যসকলে ঘূৰি ঘূৰি গো-ৰক্ষাৰ আদৰ্শ প্ৰচাৰ কৰিছিল। এই
সভাৰ প্ৰচাৰত উদ্বুদ্ধ হৈ বহু জমিদাৰে তেওঁলোকৰ জমিদাৰী এলেকাত গো-হত্যা এনেকি
গো-কোৰবানি পর্যন্ত বন্ধ কৰাৰ বাবে আদেশ দিছিল। ফলত হিন্দু-মুছলমানৰ সম্পৰ্ক অৱনতি হৈছিল।
বাল গংগাধৰ তিলকে ১৮৯৩ চনত মহাৰাষ্ট্ৰত গণপতি আৰু শিৱাজী
উৎসৱ আৰম্ভ কৰে। সখাৰাম গণেশ দেওস্কৰ আৰু কেইজনমান সহযোগিৰ প্ৰচেষ্টাত বংগত প্রথম
শিৱাজী উৎসৱ প্ৰৱৰ্তন কৰা হয়। ১৯০২ চনত শিৱাজী উৎসৱ পালন কৰাৰ লগতে শিৱাজীৰ
উপাস্য দেৱী ভৱানীৰ পূজা কৰা হয়। আচলতে মোগল শক্তিৰ বিৰুদ্ধে শিৱাজীয়ে অংশ গ্ৰহণ
কৰা যুদ্ধ আছিল এক ৰাজশক্তিৰ বিৰুদ্ধে আন এক ৰাজশক্তিৰ যুদ্ধ। মোগল বাহিনীতো
হিন্দু সৈন্য ও হিন্দু সেনাপতি আছিল আৰু শিৱাজীৰ বাহিনীতো মুছলমান সৈন্য আৰু মুছলমান
সেনাপতি আছিল। কিন্তু ব্রিটিচসকলে ইতিহাস বিকৃত কৰি মুছলমানৰ অত্যাচাৰৰ বিৰুদ্ধে
শিৱাজীক হিন্দুৰ ৰক্ষাকাৰী আৰু দেৱীৰ বৰপুত্ৰ বুলি প্ৰচাৰ চলালে। হিন্দু নেতাসকলে
সকলো জানিও ব্ৰিটিচৰ চক্ৰান্তৰ বলি হ’ল। তেওঁলোকে ভাবি নাচালে যে, শিৱাজী যদি হিন্দুৰ
ৰক্ষাকাৰীয়ে হ’ব তেনেহ'লে শিৱাজীৰ
উত্তৰাধিকাৰীসকলে হিন্দুৰ ওপৰত পৈচাশিক অত্যাচাৰ চলাইছিল কিয়? কাৰণ শিৱাজীৰ উত্তৰাধিকাৰীসকল পৰৱৰ্ত্তী পৰ্যায়ত বৰ্গী নামেৰে কুখ্যাত হৈ
উঠিছিল আৰু বংগৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলাইছিল। তেওঁলোকৰ
অত্যাচাৰ লুণ্ঠন ইমানেই চৰম পৰ্যায় পাইছিল যে, ক্ৰন্দনৰত ল’ৰা-ছোৱালীক বৰ্গীৰ ভয় দেখুৱাই কন্দা-কটা বন্ধ কৰাইছিল। সমসাময়িক কবি
গংগাৰামে তেওঁৰ ‘মহাপুৰাণ কাব্য’ত
মাৰাঠাসকলৰ সেই অসামৰিক আৰু সামৰিক অত্যাচাৰ, হত্যা, লুণ্ঠন, বলাৎকাৰৰ চিত্ৰ আঁকি থৈ গৈছে৷ এনেকি
ব্ৰিটিচৰ লগত ষড়যন্ত্ৰ কৰি মাৰাঠাসকলে বংগৰ ওপৰত আধিপত্যও বিস্তাৰ কৰিব খুজিছিল।
এইবোৰ কথা পাহৰি হিন্দু নেতাসকলে শিৱাজীক হিন্দুৰ ৰক্ষাকাৰী হিচাপে প্ৰক্ষেপ কৰি
জাতীয় মুক্তিৰ প্ৰতীক হিচাপে শিৱাজী উৎসৱ পালন কৰিবলৈ ল’লে।
আনহাতে মুছলমানসকলে ইয়াক সাম্প্রদায়িক উৎসৱ হিচাপে আখ্যায়িত কৰিলে। ফলত
হিন্দু-মুছলমান সম্পর্ক অধিক অৱনতি হ'ল। হিন্দু জাতীয়তাবাদত উদ্বুদ্ধ হোৱাৰ ফলত ঊনৈছ শতিকাৰ
দ্বিতীয়াৰ্দ্ধত হিন্দু নেতাসকলে হিন্দু-মুছলমান-খ্ৰীষ্টান আৰু অন্যান্য
জনগোষ্ঠীকলৈ এক ভাৰতীয় জাতি গঠনৰ কথা ভাবিবপৰা নাছিল। তেওঁলোকৰ ভাৱনাত মাথোন
হিন্দুসকলেই গুৰুত্ব পাইছিল। এই সংকীৰ্ণ স্বদেশিকতাৰ প্ৰেৰণাত উদ্বুদ্ধ হৈ
ঈশ্বৰগুপ্ত, হেমচন্দ্ৰ, নবীন চন্দ্র প্রভৃতি কবি, জ্যোতিৰিন্দ্ৰনাথ,
মনোমোহন, গিৰীশ চন্দ্ৰ প্ৰভৃতি নাট্যকাৰ আৰু
বংকিম চন্দ্ৰৰ দৰে ঔপন্যাসিকসকলে তেওঁলোকৰ কাব্য, নাটক ও
উপন্যাসৰ জৰিয়তে স্বদেশিকতাৰ নামত হিন্দু-মুছলমান বিৰোধৰ বিষবাষ্প উদগীৰণ কৰিছিল। মাথোন কাব্য, নাটক, উপন্যাসতে নহয়,
প্ৰৱন্ধ সমূহতো এই বিদ্বেষে স্থান পাইছিল। ভাৰত কলংক, পৰাধীন ভাৰত আদি প্ৰৱন্ধত বংকিম চন্দ্ৰই লেখিছিল- হিন্দু জাতিৰ বাহিৰে
পৃথিবীত বেলেগ বহু জাতি আছে। সিহঁতৰ মংগল মানেই আমালোকৰ মংগল হোৱা সম্ভৱ নহয়।
বহুস্থানত সিহঁতৰ মংগলত আমালোকৰ অমংগল। য'ত সিহঁতৰ মংগলত
আমালোকৰ অমংগল ত’ত সিহঁতৰ মংগল যাতে নহয়, আমি সেয়াই কৰিম। ইয়াত যদি পৰজাতি পীড়ন কৰিব লগা হয় সেয়াও কৰিম।
(উৎস-হিন্দু-মুছলমানৰ সম্পৰ্ক ভাল কৰাৰ উপায়)।
অভিজাত হিন্দুৰ এই মনোভাৱৰ কাৰণে হিন্দু-মুছলমানৰ সম্পৰ্ক
অৱনতি ঘটে আৰু মুছলমানসকল ৰাজনৈতিক, অর্থনৈতিক, সামাজিককে আদি কৰি সকলো বিষয়ত হিন্দুতকৈ
পিছ পৰি যায়। এই পশ্চাত্পদতা দূৰ কৰাৰ কাৰণে বংগ ভংগ অনিবাৰ্য হৈ পৰিছিল। সেয়ে
বংগ ভংগ ৰদ হোৱাৰ ফলত হিন্দু-মুছলমানৰ সম্পৰ্ক অৱনতি হ’বলৈ
আৰম্ভ কৰে আৰু দেশ স্বাধীন হোৱাৰ আগলৈ অৰ্থাৎ ১৯৪৭ চনলৈ হিন্দু-মুছলমান সম্পৰ্ক
অৱনতিৰ চৰম পৰ্যায় পায় আৰু ইয়াৰ ফলত স্বাধীনতাৰ প্ৰাক্-মুহূৰ্তত ভাৰতবৰ্ষক
জৰাসন্ধৰ দৰে ফালি দুখন স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব লগা হয়।
হিন্দু-মুছলমানৰ প্ৰতিযোগিতামূলক সংগঠন আৰু হিন্দু
সংগঠনসমূহৰ মুছলমানৰ প্ৰতি মনোভাৱ
মুছলমানসকলক প্রতিনিধিত্ব কৰাৰ কাৰণে ১৯০৬ চনত মুছলিম লীগ গঠন হোৱাৰ পাছত ১৯০৭
চনত হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে হিন্দু সভা গঠন কৰা হয়। ১৯২১ চনত এই হিন্দুসভাৰ
নামকৰণ কৰা হয় হিন্দু মহাসভা। ১৯২৫ চনত স্বামী সত্যানন্দ সৰস্বতীয়ে হিন্দু মিছন
গঠন কৰে। উক্ত চনতে কেশৱ কালিৰাম হেডগেওয়াৰৰ উদ্যোগত নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ং
সেৱক সংঘ নামেৰে এটি সংগঠন গঠন কৰা হয়। ইয়াক সংক্ষেপে আৰ, এচ, এচ বুলি কোৱা
হয়। স্বাধীনোত্তৰ কালত ১৯৫২ চনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ফ্ৰণ্ট হিচাপে গঢ়ি
তোলা হয় জনসংঘ নামৰ সংগঠনটো। ১৯৬৪ চনত ধৰ্মৰ নামত হিন্দুসকলক একগোট কৰাৰ কাৰণে
সৃষ্টি কৰা হয় বিশ্ব হিন্দু পৰিষদ। অনুৰূপ ভাবে পৰৱৰ্ত্তী পৰ্যায়ত গঢ়ি উঠে বজৰং
দল, শিৱসেনা, দূৰ্গা বাহিনী আদি। ১৯৭৭
চনত লোকসভা নিৰ্বাচনৰ প্ৰাক্কালত জনসংঘই ভাৰতীয় লোকদল, সংগঠন
কংগ্ৰেছ আৰু সমাজবাদী দলৰ লগত লগ লাগি জনতা দল গঠন কৰে। ১৯৭৯ চনত জনতা দলৰ ভাঙোনৰ
ফলত পূৰ্বৰ জনসংঘীসকলে ১৯৮০ চনত মুম্বাইৰ এখন সভাত ভাৰতীয় জনতা দল গঠন কৰে।
ভাৰতীয় জনতা দল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদি দলবোৰক একেলগে সংঘ পৰিবাৰ বুলি জনা যায়। সংঘ পৰিবাৰৰ মূল চালিকা শক্তি হ’ল ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ।
ভাৰতৰ সমগ্ৰ অহিন্দু জনগণক হিন্দুৰ পদানত কৰি এক অখণ্ড
হিন্দু সাম্ৰাজ্য গঠন কৰাই হ’ল
সংঘ পৰিবাৰৰ উদ্দেশ্য। হিন্দু কোনসকল? তপন বসুই তেওঁৰ এখন
গ্ৰন্থত হিন্দু মহাসভাই আগবঢ়োৱা হিন্দুৰ সজ্ঞাৰ উদ্ধৃতি এনেদৰে দিছে- যি
ব্যক্তিয়ে ভাৰতবৰ্ষক নিজৰ পিতৃভূমি বুলি ভাবে, পবিত্ৰ জ্ঞান
কৰে, নিজক হিন্দু হিচাপে পৰিচয় দিয়ে অথবা ভাৰতত উদ্ভুত
সনাতন আর্যসমাজী জৈন, ব্রাহ্ম, শিখ
প্রভৃতি ধর্ম মানি চলে তেওঁলোকেই হিন্দু। এই সংজ্ঞাৰ বাহিৰত থকাসকল কি হ’ব? এই বিষয়ে গোলওয়াকাৰে তেওঁৰ গ্ৰন্থ ‘উই এণ্ড নেচনহুড ডিফাইণ্ড’ নামৰ গ্ৰন্থত উল্লেখ
কৰিছে যে, হিন্দুস্থানৰ অহিন্দু জনগণে অৱশ্যেই হিন্দু
সংস্কৃতি ও ভাষা গ্ৰহণ কৰিব লাগিব। হিন্দু ধৰ্মক শ্রদ্ধা-ভক্তি কৰিব লাগিব। অইন
কোনো ভাৱনাক প্রশ্রয় নিদি হিন্দু জাতিৰ গৌৰৱ চিন্তা কৰিব লাগিব। অর্থাৎ এই দেশ
আৰু ইয়াৰ প্ৰাচীন ঐতিহ্যৰ প্ৰতি কেৱল অসহিষ্ণু ও কৃতজ্ঞতা প্রকাশ কৰিলেই নহ’ব ইয়াৰ প্ৰতি প্রীতি ও ভক্তিৰ মনোভাৱো প্ৰকাশ কৰিব লাগিব। এইখিনিলৈকে
তেনে কোনো আপত্তিৰ কথা উঠিব নোৱাৰে। কিন্তু শেষত উল্লেখ কৰিলে- ‘একো দাবি কৰিব নোৱাৰিব। এনেকি সিহঁতৰ নাগৰিকত্বও নাথাকিব।' এই বক্তব্যৰ মাজতো দেখখেকৈ মুছলমান বিদ্বেষৰ সুৰ স্পষ্ট হৈ আছে।
মুছলমান আৰু খ্ৰীষ্টানসকলৰ প্ৰতি গোলওয়াকাৰে মন্তব্য কৰিছে
এনেদৰে- ‘তেওঁলোক (মুছলমান, খ্ৰীষ্টানসকল)
এই দেশত জন্ম গ্রহণ কৰিছে ঠিকেই; কিন্তু সিহঁত এই দেশৰ প্ৰতি
অনুগত নহয়। ধর্ম পৰিৱৰ্ত্তন কৰাৰ লগে লগে জাতিৰ প্ৰতি তেওঁলোকৰ প্ৰীতি ও নিষ্ঠাৰ মনোভাৱ
অন্তর্হিত হৈছে। অর্থাৎ গোলওয়াৰকাৰৰ মতে স্বদেশিকতাৰ একমাত্ৰ মাফকাটি হ’ল, হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য প্ৰদৰ্শন। তেওঁৰ মতে
সকলো মুছলমানেই বিশ্বাসঘাতক। তেওঁলোকে দেশৰ শত্ৰুৰ লগত একাত্মবোধ কৰে। বিদেশী ভূমিক পূণ্যভূমি জ্ঞান কৰে।
তেওঁলোকে এতিয়াও ভাবে যে, এই দেশ জয় কৰি ৰাজ্য স্থাপনৰ কাৰণে এওঁলোক ইয়ালৈ আহিছে। সেয়ে এয়া
মাথোন ধৰ্ম পৰিৱৰ্ত্তনেই নহয়, জাতি পৰিৱৰ্ত্তনো। (ইয়াত
গোলওয়াকাৰে কিন্তু এষাৰ কথা পাহৰি গ'ল যে, যিসকল শাসক গোষ্ঠী ইয়ালৈ প্ৰব্ৰজন কৰি আহিছিল, তেওঁলোকে
ধর্ম পৰিৱৰ্ত্তন কৰা নাছিল; ধৰ্ম পৰিৱৰ্ত্তন কৰিছিল যিসকল
মানুহ এই দেশত আদিমকালৰপৰা হাজাৰ হাজাৰ বছৰ ধৰি বসবাস কৰি আছিল।) শেষত গোলওয়াকাৰে
প্রশ্ন উত্থাপন কৰিছে- জন্মভূমিক বিপদত পেলাই শত্ৰুৰ শিৱিত যোগদান কৰাটোক
বিশ্বাসঘাতকতা নুবুলিনো আৰু কি বুলিম?’ কিন্তু কোনে কেতিয়া
কোন শত্ৰুৰ শিৱিত যোগদান কৰি জন্মভূমিক বিপদত পেলালে সেয়া তেওঁ উল্লেখ নকৰিলে।
মুছলমান বিদ্বেষেই সংঘ পৰিবাৰৰ ৰাজনীতিৰ মূলস্তম্ভ। সংঘ
পৰিবাৰৰ মতে, মুছলমানসকলে নিজক
ভাৰতীয় বুলি নাভাবে আৰু কংগ্ৰেছ প্রভৃতি দলে মুছলমানসকলক তোষণ কৰে। এই দুয়োটা
ধাৰণাই যে ভ্ৰান্ত সেয়া বিশ্লেষণ কৰিলেই ওলাই পৰে। ন্যায়াধীশ ৰাজিন্দৰ চাছাৰ
কমিটিৰ ২০০৬ চনৰ প্ৰতিবদেন অনুসৰি ভাৰতবৰ্ষৰ অনুসূচিত জাতি-উপজাতি (৩৫ শতাংশ)ৰ
পাছতে ভাৰতীয় মুছলমানৰ মাজত দৰিদ্ৰতাৰ হাৰ অধিক। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ১০২৮৬
নিযুৰ ৮০.৫ শতাংশ হিন্দু আৰু ১৩.৮২ শতাংশ মুছলমান। কিন্তু কোনো এটা ক্ষেত্ৰতেই
মুছলমানৰ প্ৰতিনিধিত্ব ৪.৫ শতাংশৰ অধিক নহয়। দেশৰ য'ত ৬৫
শতাংশ স্বাক্ষৰ ত’ত মুছলমানৰ স্বাক্ষৰতাৰ হাৰ মাথোন ৫৯.১ শতাংশ।
(অসমৰ ক্ষেত্ৰত এই হাৰ মাথোন ৪৮.৪ শতাংশ। নাৰী শিক্ষাৰ হাৰ ১১.৪ শতাংশ।) ৰাষ্ট্ৰ
প্ৰদত্ত সুযোগ-সুবিধা যেনে- চাকৰি- বাকৰি, বেংকৰ ঋণ, ব্যৱসায়-বাণিজ্য আদি ক্ষেত্ৰসমূহত মুছলমানে লাভ কৰা সুযোগ মাথোন ২ ৰপৰা ৩
শতাংশহে। ভাৰতীয় মুছলমানৰ দৰিদ্ৰতাৰ হাৰ ৩১ শতাংশ। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৩.৮২
শতাংশ মুছলমান অথচ দেশৰ মুঠ কৃষি ভূমিৰ ২ শতাংশহে মুছলমানৰ ভোগ দখলত আছে। ভাৰতৰ
মুঠ জনসংখ্যাৰ ২৭ শতাংশ ভূমিহীন; কিন্তু মুছলমানৰ ক্ষেত্ৰত
ভূমিহীনৰ হাৰ ৩৫ শতাংশ। দেশৰ মুঠ চাকৰিয়ালৰ ৪.৫ শতাংশ মুছলমান ৷ ভাৰতীয়
প্রশাসনিক সেৱাৰ ৪৭৯০ জন বিষয়াৰ মাথোন শতকৰা ১৪.২ জনহে মুছলমান। লোকসেৱা আয়োগৰ
দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত মুছলমানৰ সংখ্যা মাথোন ২.১ শতাংশ। চিকিৎসক,
অভিযন্তা আদি সেৱাত মুছলমান নিয়োগৰ হাৰ ৪ শতাংশৰ অধিক নহয়। এই ৪
শতাংশৰো আকৌ ৯৭.৫ শতাংশই নিম্নবৰ্গৰ কৰ্মচাৰী। তথাপিও সংঘ পৰিবাৰে মুছলমান তোষণৰ
কথাকৈ হিন্দু জনগণক নিজৰ ফালে আকৰ্ষিত কৰাৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ ফলত বহু মুছলমান দেশৰ বৃহত্তৰ লোক
সমাজ, সংস্কৃতি সম্বন্ধে সচেতন নহয়। একমাত্র
নিজৰ গাঁৱৰ চাৰিওফালৰ গাঁৱৰ লগতহে তেওঁলোক পৰিচিত। মহকুমা বা জিলাৰ ধাৰণা অস্পষ্ট।
একমাত্র ভোটৰ সময়ৰ বাহিৰে সিহঁতৰ ওচৰত কোনেও দেশৰ কথা, সমাজৰ
কথা বা সংস্কৃতিৰ কথা ক’বলৈ নাযায়। সেয়ে সিহঁত ভাৰতীয়,
নে অসমীয়া এই সম্বন্ধে সিহঁতৰ ধাৰণা নাই। সিহঁতে ঢাকাৰ ৰেডিওত
পল্লীগীতি শুনে, সেই বুলি যে সিহঁতৰ বাংলাদেশৰ প্রতি অনুগত্য
আছে সেয়া নহয়। আচলতে সিহঁতে নজৰুল গীতি, ৰবীন্দ্ৰ সংগীত বা
অসমীয়া আধুনিক গীত বুজি নাপায়। পল্লীগীতি সিহঁতে বুজি পায় কাৰণে শুনে। কাৰণ
সিহঁতে ঘৰত যি ভাষা ব্যৱহাৰ কৰে তাৰ লগত পল্লীগীতিৰ ভাষাৰ সাদৃশ্য আছে। গতিকেই
পল্লীগীতিৰ লগত একাত্মতা বোধ কৰে। ইয়াত অনুগত্যৰ প্রশ্ন মুঠেই নাই। কিন্তু এচাম স্বার্থান্বেষী
মানুহে একমাত্ৰ স্বাৰ্থৰ কাৰণে ইয়াক সাম্প্ৰদয়িকতাৰ ৰূপ দিবলৈ প্ৰয়াস কৰে।
মুছলমানৰ বিপক্ষে হিন্দুসকলক উচটাই তোলাৰ কাৰণে সংঘ পৰিবাৰে
প্ৰচাৰ কৰে যে, অন্যান্য ৰাজনৈতিক
দলবোৰে ভোট বেংক হেৰুৱাৰ ভয়ত মুছলমান তোষণ কৰে আৰু মুছলমানসকলক বিশেষ সুবিধা
প্ৰদান কৰে। কিন্তু নিৰ্বাচনৰ সময়ত ভোট পোৱাৰ কাৰণে মুছলমানৰ স্বাৰ্থ ৰক্ষাৰ নানা
প্রতিশ্রুতি দিলওে সেয়া যে মাথোন মিছা প্রতিশ্রুতি এয়া চাছাৰ কমিটিৰ প্ৰতিবেদনত
জল্জল্ পট্পট্কৈ ওলাই পৰিছে।
মুছলমানৰ ব্যক্তিগত আইনৰ ওপৰত হস্তক্ষেপ কৰিবলৈ সংসদৰ
অনীহাক সংঘ পৰিবাৰে মুছলমান তোষণৰ কাৰণ হিচাপে প্ৰচাৰ কৰে। এই কথা অৱশ্যেই
অনস্বীকার্য যে, সমগ্ৰ দেশত একেই
দেওয়ানী আইন থকাটো উচিত। কিন্তু এই কথাও ঠিক যে, মুছলমানৰ
কাৰণে থকা ব্যক্তিগত আইনৰ ফলত মুছলমানৰ একো লাভ হোৱা নাই। কাৰণ মুছলিম আইন হিচাপে
এজন মুছলমান পুৰুষে চাৰিজনী স্ত্ৰী ৰাখিব পাৰে; কিন্তু এই
আইনৰ ফলত পুৰুষে বিশেষ সুবিধা পালেও নাৰীসকলৰ অসুবিধা হৈছে। মুছলমানৰ কাৰণে থকা
বিশেষ বিবাহ আইন থকাৰ কাৰণে মুছলমান ছোৱালীৰ ১২ ৰ পৰা ১৫ বছৰ বয়স হ’লে বিয়া দিব পাৰে; কিন্তু এইদৰে কম বয়সত বিয়া
দিয়াৰ ফলত মুছলমানসকলে অধিক ক্ষতিৰ সন্মুখীন হৈছে। মুছলমানসকল স্বাস্থ্য, শিক্ষা-দীক্ষা, সামাজিক, ৰাজনৈতিক
আৰু অৰ্থনৈতিক বাবে পিছপৰি গৈছে। আচলতে এই বিলাক আইন যিসকলে প্ৰৱৰ্ত্তন কৰিছে,
তেওঁলোক মুছলমান সমাজৰ প্ৰতি কিমান দায়িত্বশীল এই বিষয়ে বেলেগে
আলোচনা কৰাৰ প্রয়োজন আছে। কাৰণ যিসকলে এই আইন মুছলমানসকলৰ ওপৰত জাপি দিছে
তেওঁলোকেই এটা সময়ত কে’বাটাও ভাষা জাপি দিবাংলাভাষী
মুছলমানক শৈক্ষিক দিশত অনগ্ৰসৰ কৰি ৰাখিছিল। গতিকে এই এই আইনবোৰ মুছলমানৰ কাৰণে
কিমান মংগলজনক সেয়া সচেতন মহলে এবাৰৰ কাৰণে হ'লেও ভাবি চোৱা
উচিত।
এষাৰ কথা সদায় সকলোৰে অগোচৰে ৰৈ আছে যে, আইনগত ভাবে মুছলমানসকলে চাৰিজনী স্ত্ৰী
ৰাখিব পাৰিলেও এই ক্ষেত্ৰত মুছলমানসকলৰ বহুবিবাহৰ হাৰ কম। আনহাতে আইনগত ভাবে
হিন্দুসকলে একাধিক বিবাহ কৰাটো অপৰাধ যদিও নিম্নবৰ্ণৰ হিন্দু আৰু অনুসূচিত উপজাতিৰ
মাজত বহুবিবাহৰ হাৰ মুছলমানতকৈ অধিক। শৈলজা কুমাৰ মুখোপাধ্যায়ে তেওঁৰ ‘দাঙাৰ ইতিহাস’ নামৰ গ্ৰন্থত এটি গুৰুত্বপূৰ্ণ তথ্য
উল্লেখ কৰিছে। তেওঁ লেখিছে- ‘মুছলমানসকলে ব্যক্তিগত আইনৰ
সুবিধা গ্ৰহণ কৰি বহুবিবাহৰ সুযোগ গ্রহণ কৰে সঁচা; কিন্তু ১৯৬১
চনৰপৰা ১৯৭১ চনলৈ এই দহ বছৰৰ সমীক্ষাত দেখা গৈছে যে, মুছলমানৰ
বহুবিবাহৰ হাৰ হিন্দুতকৈ কম। মুছলমানৰ বহুবিবাহৰ হাৰ য'ত
৪.৩৫ শতাংশ ত’ত হিন্দু, জৈন, বৌদ্ধ আৰু উপজাতিৰ মাজত এই বহুবিবাহৰ হাৰ যথাক্রমে 5.06, 4.4, ৮.১৩ আৰু ১৭.০৮ শতাংশ। ইয়াৰপৰা এইটো জজল্ পট্পট্কৈ
ওলাই পৰিছে যে, আইনগত ভাবে নিষিদ্ধ থকা সত্ত্বেও মুছলমানতকৈ
হিন্দুৰ মাজত বহু বিবাহৰ হাৰ অধিক।
সংবিধানৰ ৩৭০ নম্বৰ ধাৰা অনুসৰি জন্মু ও কাশ্মীৰক বিশেষ
কিছুমান সুবিধা প্ৰদান কৰা হৈছে। ইয়াক মুছলমান তোষণৰ কাৰণ হিচাপে উনুকিওৱা হয়।
কিন্তু মাথোন জন্ম আৰু কাশ্মীৰতে নহয়, সংবিধানৰ ৩৭১, ৩৭১ (ক) আৰু ৩৭১ (খ) ধাৰা অনুসৰি
মহাৰাষ্ট্ৰ, গুজৰাট, অসম, মণিপুৰ, অন্ধ্ৰপ্ৰদেশ, চিকিম,
মিজোৰাম আৰু অৰুণাচলৰ হিন্দুসকলেও নানা সুবিধা ভোগ কৰি আছে।
স্থানীয় অধিবাসী নহ'লে জন্মু- কাশ্মীৰত মাটি কিনিব নোৱাৰে
সঁচা, কিন্তু হিমাচল প্ৰদেশতো যে বাহিৰৰ মানুহে মাটি কিনিব
নোৱাৰে এই কথা ক’তো প্ৰকাশ কৰা নহয়। কেন্দ্ৰৰপৰা আলিগড়
বিশ্ববিদ্যালয়ক ৰক্ষণাবেক্ষণ দিয়াৰ কথা মুছলমান তোষণৰ কাৰণ হিচাপে দাঙি ধৰা হয়;
কিন্তু বানাৰসৰ হিন্দু বিশ্ববিদ্যালয়েও যে তেনেকুৱা সুবিধা ভোগ কৰে
এই কথা প্ৰকাশ কৰা নহয়।
সংখ্যালঘু হিচাপে মুছলমান তোষণৰ অভিযোগ যে কিমান অসাৰ আৰু
উদ্দেশ্য প্রণোদিত কেইটামান তথ্যৰ জৰিয়তে এই কথা বুজিবপৰা যায়। তফচিলী ও উপজাতিৰ
কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা আছে। কিন্তু মুছলমানসকল যদিও তফচিলী ও উপজাতিৰ সমপৰ্যায়ৰ
তেওঁলোকৰ কাৰণে কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নাই। এনেকি তফচিলী ও উপজাতিৰ মানুহো
যদি ধৰ্মান্তৰিত হৈ মুছলমান হয় তেনেহ'লে তেওঁলোকক তাৎক্ষণিক ভাবে সেই সংৰক্ষণৰপৰা বঞ্চিত কৰা হয়। (উৎস- দাঙাৰ
ইতিহাস, শৈলজা কুমাৰ মুখোপাধ্যায়)।
সীতাৰাম ইয়েচুৰিয়ে ‘বিজেপিৰ মিথ্যাৰ বেসাতি’ নামৰ গ্ৰন্থত উল্লেখ কৰিছে-
মুছলমানৰ সংখ্যা ইমানেই দ্রুত বৃদ্ধি পাইছে যে, অচিৰেই হিন্দুসকল
সংখ্যালঘু হৈ পৰিব, এই কথা প্ৰচাৰ কৰি সংঘ পৰিবাৰে হিন্দুৰ
মনত আতংক সৃষ্টিৰ কাৰণে চেষ্টা কৰে। কিন্তু ১৯৬১ চনৰপৰা ১৯৮১ চনৰ লোকপিয়লৰ তথ্য
তুলনা কৰিলে দেখা যায় যে, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ তুলনাত
এই বিছ বছৰত মুছলমান বৃদ্ধিৰ হাৰ ১০.৭ শতাংশৰপৰা ১১.৪ শতাংশ। অর্থাৎ ০.৭ শতাংশ। এই
হাৰে মুছলমানৰ সংখ্যা বাঢ়ি থাকিলে হিন্দুসকলক পিছ পেলাই যাবলৈ হাজাৰ বছৰৰো অধিক
সময় লাগিব বুলি সীতাৰাম ইয়েচুৰিয়ে মন্তব্য কৰিছে। দেশ স্বাধীন হোৱাৰ আগত আমাৰ
দেশত মুছলমানৰ শতকৰা হাৰ আছিল ২১ শতাংশ। দেশ স্বাধীন হোৱাৰ পাছত এই হাৰ ১৩.৮২
শতাংশলৈ হ্রাস পাইছে। এই তথ্যই সীতাৰাম ইয়েচুৰিৰ মন্তব্যৰ সত্যতাকে প্ৰতিপন্ন
কৰে।
হিন্দুসকলক উত্তেজিত কৰাৰ কাৰণে প্ৰচাৰ কৰা হয় যে, মুছলমানসকলে হিন্দুসকলতকৈ বেছি সুযোগ
সুবিধা লাভ কৰি আছে। সীতাৰাম ইয়েচুৰিয়ে প্রাগোক্ত গ্ৰন্থত উল্লেখ কৰা পৰিসংখ্যা
অনুসৰি মুছলমানসকলে ভোগ কৰা সুবিধাৰ কথা অনুমান কৰিব পাৰি। উক্ত গ্ৰন্থত উল্লেখ
কৰা মতে, সত্তৰ দহকত মুছলমান নতুন অভিযন্তা আৰু ডাক্তৰৰ
সংখ্যা আছিল দেশৰ মুঠ সংখ্যাৰ যথাক্রমে ছয় আৰু পাঁচ শতাংশ, সেই
একে দহকতে আই, এ, এচ পদত নিয়োগৰ
সংখ্যা আছিল মাথোন ২.৮৬ শতাংশ। আই, পি, এচৰ ক্ষেত্ৰত এই সংখ্যা আছিল ২ শতাংশ। অর্থাৎ প্রয়োজনীয় সংখ্যাৰ এক
ষষ্ঠমাংশ। আয়কৰ বিভাগৰ ক্ষেত্ৰত এই হাৰ আছিল ৩.০৬ শতাংশ। ৰাজ্যস্তৰৰ প্রথম শ্রেণী
বিষয়াৰ সংখ্যা ৩.৩ শতাংশ, বেংকৰ চাকৰিত ২.১৮ শতাংশ আৰু
বেচৰকাৰী প্ৰতিষ্ঠানৰ চাকৰিত ৪.০৮ শতাংশ। গৰিবী হঠাও দহকত কম সুতত বেংক ঋণ প্রাপকৰ
ক্ষেত্ৰত এই হাৰ আছিল মুঠ প্রাপকৰ ৩.৭৬ শতাংশ। আশীৰ দহকত মুছলমানৰ আৰ্থিক সংগতিৰ
হাৰ আছিল ২০ ৰপৰা ২৫ শতাংশ। (উৎস-বিজেপিৰ মিথ্যাৰ বেসাতি, লেখক-সীতাৰাম
ইয়েচুৰি) ইৰফান হাবিবে ১৯৯২ চনৰ ১৬ ডিচেম্বৰত গণশক্তিত লেখা এটি প্ৰৱন্ধৰ পৰাও
মুছলমানসকলৰ পশ্চাত্পদতাৰ বিষয়ে জানিবপৰা যায়। তেওঁ উক্ত প্ৰৱন্ধত উল্লেখ কৰিছে
যে, ১৯২৭ কোটি টকা মূলধনৰ ৮৩১ খন অৰ্দ্ধ চৰকাৰী কোম্পানীৰ ৬,৪৬৫ জন সঞ্চালকৰ মাজত মাথোন ১১৯ জনহে মুছলমান আছিল। অর্থাৎ ১.৮ শতাংশ। তথাপিও
প্ৰচাৰ কৰা হয় যে, মুছলমানসকলে হিন্দুতকৈ অধিক সুবিধা ভোগ
কৰে। এনেকুৱা অসাৰ আৰু মনেগঢ়া অভিযোগৰ জৰিয়তে সংঘ পৰিবাৰে হিন্দুসকলক মুছলমানৰ
বিৰুদ্ধে উচটাই তোলাৰ কাৰণে অহৰহ চেষ্টা কৰি আছে আৰু এই প্রচেষ্টা জাতীয় সংহতিৰ
বাটত প্ৰত্যাহ্বান হৈ থিয় দি আছে।
প্ৰাক্স্বাধীনতা আৰু স্বাধীনোত্তৰ কালত হিন্দু-মুছলমান
সম্পর্ক।
বংগ ভংগৰ পাছত সংঘটিত হোৱা সংঘৰ্ষৰ দীৰ্ঘ বিৰতিৰ পাছত স্বাধীনতাৰ
প্ৰাক্মুহূৰ্তত আন এক সংঘৰ্ষৰ সূত্রপাত হয়। দ্বিতীয় মহাসমৰৰ সময়ত দিয়া
প্ৰতিশ্ৰুতি অনুসৰি ক্ষমতা হস্তান্তৰ ত্বৰান্বিত কৰাৰ বাবে ব্ৰিটিচ চৰকাৰৰ ভাৰত
সচিব পেথিক লন্সেৰ নেতৃত্বত তিনি সদস্য বিশিষ্ট এটি প্রতিনিধি দল ১৯৪৬ চনৰ
জানুৱাৰী মাহত ভাৰতলৈ আহে। উক্ত চনৰে মে’ মাহত ভাৰতৰ প্ৰস্তাৱিত শাসনতন্ত্র সম্পর্কে উক্ত প্রতিনিধি দলে মন্ত্ৰী
মিচন পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তাত পাঁচটা প্ৰস্তাৱ আগবঢ়োৱা হয়। (১)
কেন্দ্রত এটি অন্তর্বর্তীকালীন চৰকাৰ গঠন কৰা হ’ব। (২)
ব্ৰিটিচ ভাৰত আৰু ৰাজ্যপালক লৈ এটি স্বায়ত্বশাসিত ভাৰতীয় ইউনিয়ন গঠন কৰা হ’ব। (৩) তিনি ধাপত প্ৰদেশবোৰক বিভক্ত কৰি হিন্দু প্রধান, মুছলিম প্রধান আৰু বাংলা ও অসম প্রদেশ গঠিত হ’ব।(৪)
ইউনিয়নৰ ওপৰত অর্পিত বিষয়বোৰৰ বাহিৰে বেলেগ সকলো আৰু অৱশিষ্টাংশৰ ক্ষমতা
প্রদেশবোৰৰ হাতত ন্যস্ত থাকিব। প্রত্যেক গ্ৰুপৰ কাৰণে এটিকৈ গণপৰিষদ গঠন কৰা হ'ব। মিচন ইয়াত চৰ্ত সাঙুৰি দিয়ে যে, পৰিকল্পনাটো
সম্পূর্ণভাবে গ্ৰহণ কৰিব লাগিব, আশিংক নহয়। যি দল বা দলসমূহ
এই পৰিকল্পনা সম্পূর্ণভাবে গ্রহণ কৰিব তেওঁলোকৰ হাততেই ক্ষমতা হস্তান্তৰ কৰা হ’ব। (৫) ভাৰতীয় ইউনিয়ন গঠিত হোৱাৰ পাছত দেশীয় ৰাজ্যবোৰৰ ওপৰত ৰাজকীয় সার্বভৌমত্বৰ
অৱসান ঘটিব।
মুছলিম লীগে মন্ত্রী মিচন পৰিকল্পনা গ্রহণ কৰি
অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। পক্ষান্তৰে কংগ্ৰেছে মন্ত্রী
এই মিচন পৰিকল্পনা প্রত্যাখান কৰে আৰু স্বাধীন অখণ্ড ও গণতান্ত্রিক ভাৰতৰ
শাসনতন্ত্র প্রণয়নৰ কাৰণে প্ৰস্তাৱিত গণপৰিষদত যোগদান কৰাৰ বাবে সিদ্ধান্ত লয়।
কংগ্ৰেছৰ মনোভাৱলৈ লক্ষ্য কৰি বৰলাট ওয়াভেলে মুছলিম লীগৰ অন্তৱৰ্তীকালীন চৰকাৰ
গঠনৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে আৰু ইয়াৰ পাছৰ মাহ অৰ্থাৎ আগষ্ট মাহত বৰলাটে
কংগ্ৰেছ নেতা নেহৰুক চৰকাৰ গঠনৰ বাবে আমন্ত্রণ জনায়। ফলত মুছলিম লীগে এই সিদ্ধান্তৰ
বিৰুদ্ধে পাকিস্থান অৰ্জনৰ উদ্দেশ্য আগত ৰাখি ১৬ আগষ্টত ভাৰতৰ সৰ্বত্ৰ হৰতাল ও
প্রত্যক্ষ সংগ্রাম দিৱস পালন কৰে। ইয়াৰ ফলত ৰাজনৈতিক পৰিস্থিতি জটিল হৈ পৰে আৰু
পৰিস্থিতি সাম্প্রদায়িক সংঘাতৰ ফালে ঢাল খায়। প্রথমে কলিকতাত সংঘৰ্ষ আৰম্ভ হয়। এক
চতুর্থাংশ মুছলমান অধ্যুষিত কলিকতাত মুছলমানসকলেই অধিক ক্ষতিৰ সন্মুখীন হয়। এই
দাংগাত ৪৮ ঘণ্টাৰ ভিতৰত ৫০০ জন লোক মৃত্যু মুখত পৰে। দাংগা ক্ৰমে পূৰ্ববংগৰ
নোয়াখালিসহ ভাৰতৰ সৰ্বত্ৰ বিয়পি পৰে। সংবাদ পত্ৰৰ ভাষ্য অনুসৰি এই সংঘৰ্ষত ৫০,০০০ লোক হতাহত
হৈছিল বুলি জনা যায়। এই সংঘৰ্ষৰ প্ৰতিক্ৰিয়া হিচাপে বিহাৰত মুছলমানৰ ওপৰত আক্ৰমণ
আৰম্ভ হয়। ফলত সমগ্ৰ বিহাৰত মুছলমান নিধনৰ তাণ্ডৱ চলে। দেশ স্বাধীন হোৱাৰ পাছতো
এই সংঘর্ষ অব্যাহত থাকে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ আকাশত অতি
প্রত্যাশিত স্বাধীনতা সূর্য উদয় হয়। ফলত দেশ ব্যাপী বিজয় উৎসৱ আৰম্ভ হয়।
প্ৰখৰ ৰ’দকো নেওচি জাতীয় পতাকা উত্তোলনৰ বাবে হাজাৰ
হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহে। জন সমাগম ইমানেই অধিক হৈছিল যে, ভিৰৰ চাপত লৰ্ড মাউণ্টবেটেন গাড়ীৰপৰা নামিব নোৱাৰি গাড়ীত বহিয়ে ভাষণ
দিবলৈ বাধ্য হৈছিল।
কিন্তু এই বিজয় উৎসৱ মাথোন দুদিনহে স্থায়ী হয়। কাৰণ
দুদিন পাছতে সমগ্ৰ দেশ ব্যাপী সাম্প্রদায়িক সংঘৰ্ষ আৰম্ভ হয়। পূর্ব পঞ্জাৱত শিখ
আৰু হিন্দুসকলে মুছলমানৰ ওপৰত আক্রমণ চলায়। গাঁৱৰ পিছত গাঁৱত অগ্নি সংযোগ কৰে।
নিৰপৰাধ নাৰী-পুৰুষ, বৃদ্ধ-যুৱাক
হত্যা কৰা হয়। প্রতিক্রিয়া হিচাপে পশ্চিমপঞ্জাৱত মুছলমানসকলে একেই হত্যা,
অগ্নি সংযোগৰ তাণ্ডৱ চলায়। ফলত পশ্চিম পঞ্জাৱৰপৰা ভাৰতবৰ্ষলৈ অগণন
শৰণাৰ্থীৰ সোঁত ব’বলৈ ধৰে। পশ্চিম পঞ্জাৱৰপৰা অহা
শৰণাৰ্থীসকলৰ ব্যথা-বেদনাৰ কাহিনীয়ে দিল্লীৰ আৱহাওয়া উত্তপ্ত কৰি তোলে আৰু
উত্তজিত জনতাই সংঘৱদ্ধ ভাবে মুছলমানৰ ওপৰত আক্ৰমণ চলায়। খাচ দিল্লী চহৰৰ কথা বাদ
দিলেও দিল্লীৰ উপকণ্ঠ অঞ্চল কুৰুলবাগ, লুধি কলোনী, সবুজ মণ্ডি আৰু সদৰ বজাৰ প্ৰভৃতি এলেকাত ধন-জন প্ৰাণৰ নিৰাপত্তা বুলি কোনো
কথা নাছিল। সর্বত্র হত্যা, ধর্ষণ, লুটৰাজৰ
তাণ্ডৱ চলিছিল। বল প্রয়োগ কৰি ঘৰৰপৰা উলিয়াই আনি অগণন নৰ-নাৰীক হত্যা কৰা হৈছিল।
বহু মুছলমানক বলপ্রয়োগ ভাবে সিদ্ধ কৰি মুছলমান কৰা হৈছিল। অপহৃতা হৈছিল অলেখ
জীয়ৰী-বোৱাৰী। দেশত শান্তি প্রতিষ্ঠাৰ পাছত ভাৰতৰপৰা ওঠৰ হাজাৰ আৰু পাকিস্থানৰপৰা
সোতৰ হাজাৰ জীয়ৰী-বোৱাৰী উদ্ধাৰ কৰা হৈছিল। (উৎস- আজাদী কী ছাও মে, লেখিকা- আনিচ কিডুৱাই)।
স্বাধীনতাৰ প্ৰাক্মুহূৰ্তত আৰু স্বাধীনোত্তৰ কালত সংঘটিত
সাম্প্ৰদায়িক সংঘৰ্ষৰ বতাহে অসমকো স্পৰ্শ কৰিছিল। ১৯৩৯ চনত ঘোষিত বহিৰাগত নীতিত
উল্লেখ কৰা হৈছিল যে, ১৯৩৯
চনৰ ১ এপ্ৰিলৰ পূৰ্বে অহা মুছলমানসকলক ৰাখি বাকী মুছলমানক অসমৰপৰা বহিস্কাৰ কৰা হ’ব। এই নীতিত মুছলমানসকল শংকিত হৈ পৰিছিল আৰু ইয়াৰ বিৰুদ্ধে প্রতিবাদ
সাৱ্যস্ত কৰিছিল। মুছলমানৰ এই প্ৰতিবাদৰ প্রতিক্রিয়া হিচাপে অসম জাতীয় মহাসভাৰ
বঙাল খেদা আন্দোলন গা কৰি উঠিছিল। ফলত অসমৰ ঠায়ে ঠায়ে সাম্প্রদায়িক সংঘৰ্ষৰ
সূচনা হৈছিল।
১৯৫০ চনত মানাহ নদীৰ পশ্চিম পাৰৰ এক বিস্তীর্ণ অঞ্চলত বাস
কৰা আন্তঃপ্ৰব্ৰজিত মুছলমানৰ হেজাৰ হেজাৰ ঘৰ-বাৰী জ্বলাই পূর্ব পাকিস্থানলৈ খেদি
পঠোৱা হৈছিল। অনুৰূপ ভাবে১৯৫০ চনৰ প্ৰথম ভাগত নগাঁও জিলাৰপৰা ঘৰ-দুৱাৰ জ্বলাই বহু
মুছলমানক উচ্ছেদ কৰা হৈছিল। উদৱাস্তুসকলৰ একাংশ গোৱালপাৰা জিলাত আশ্রয়লৈ কিছুদিন
থাকি পাকিস্থানলৈ গুচি গৈছিল। উক্ত চনৰে ফেব্ৰুৱাৰী-মাৰ্চ মাহত বিজনী, ভাণ্ডাৰা, মাত্ৰাখোলা,
আউলাগুৰি, কাছাৰিপেটি অঞ্চলৰ হাজাৰ হাজাৰ
মুছলমানৰ ঘৰ-দুৱাৰ জ্বলাই উচ্ছেদ কৰা হৈছিল। এইউচ্ছেদৰ ফলত পিকনাপাৰা, বেহুলাপাৰা, পিৰাধৰা, লতিবাৰীকে
আদি কৰি মেৰেৰ চৰ পৰ্যন্ত ধ্বংসস্তুপত পৰিণত হৈছিল। ফলত কে’বা
লাখ লোক নিজ গৃহ-ভূমি এৰি প্ৰায় এবছৰকাল পাকিস্থানৰ আশ্রয় শিৱিত থাকিবলগা হৈছিল।
আশ্রয় শিৱিত উপযুক্ত খাদ্য, থকা-মেলাৰ সা- সুবিধা আৰু
সুচিকিৎসাৰ অভাৱত বহুতো মানুহ মৃত্যুমুখত পৰিছিল। পাকিস্থানলৈ গুচি যোৱাৰ ফলত
ধন-জনৰ উপৰিও উদৱাস্তু মুছলমানসকল আন বহুতো ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল। প্রায় বিছ শতাংশ মানুহৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক
পঞ্জীত অন্তর্ভুক্ত হেৱা নাছিল। বহুতো শিক্ষানুষ্ঠান বন্ধ হৈ গৈছিল। ফলত বহুতো ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱন চিৰদিনৰ কাৰণে সমাপ্ত হৈছিল। ইয়াৰ ভিতৰত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তর্ভূক্ত
নোহোৱাটোৱে আছিল মুছলমানৰ কাৰণে আটাইতকৈ ডাঙৰ ক্ষতি। কাৰণ ৰাষ্ট্ৰীয় নাগৰিক
পঞ্জীত নাম অন্তৰ্ভূক্ত নোহোৱাৰ খেচাৰত মুছলমানসকলে আজিও ভৰিব লগা হৈছে।
গোবিন্দপুৰৰ ঘটনা- ১৯৪৭ চনৰ কথা। স্বাধীনতাৰ সমাগত লগ্নত
গোবিন্দপুৰ ৰিজাৰ্ভত এক লোমহর্ষক ঘটনা সংঘটিত হৈছিল। মাটিৰ মালিকানা স্বত্বলৈ
চৰকাৰ আৰু কৃষকৰ মাজত গোবিন্দপুৰত এক প্রত্যক্ষ সংঘর্ষ সংঘটিত হৈছিল। সেই সংঘৰ্ষত
শতাধিক নিৰীহ কৃষক হতাহত হৈছিল।
ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নদীৰ গৰা খহনীয়াৰ কবলত পৰি
বংগীয়মূলৰ এচাম কৃষকে বাঘবৰ পাহাৰৰ পৰা তিনি কিলোমিটাৰ উত্তৰ- পূৱ দিশত অৱস্থিত
গোবিন্দপুৰ ৰিজাৰ্ভত আশ্ৰয় লৈ খেতি-বাতি কৰিবলৈ আৰম্ভ কৰিছিল। সমগ্ৰ দেশজুৰি তেতিয়া দেশ বিভাজনৰ
প্ৰবল ধুমুহাৰ উত্তপ্ত বায়ু স্পৰ্শই এক উদ্বেগজনক পৰিস্থিতি
সৃষ্টি কৰিছিল৷ ভাৰতৰ ঠায়ে ঠায়ে দেশ বিভাজনক কেন্দ্ৰ কৰি সাম্প্রদায়িক সংঘর্ষও সংঘটিত
হৈছিল। হিন্দ-মুছলমানৰ তেজেৰে সিক্ত হৈছিল ভাৰতবৰ্ষৰ সেউজ-শ্যামল বুকু ৷ লীগপন্থী
মুছলমানে বিচাৰিছিল পাকিস্থান আৰু হিন্দুসকলে বিচাৰিছিল অখণ্ড ভাৰত। প্ৰকৃতাৰ্থত
দেশ বিভাজনতকৈ বিভাজিত দুখন নতুন ৰাষ্ট্ৰৰ মাজত চামিল হ’বলগীয়া অঞ্চললৈহে দুই সম্প্ৰদায়ৰ মাজত
মতানৈক্যই চৰম সীমা পাইছিল। ইয়াৰ ফলতে দুই সম্প্ৰদায়ৰ মাজত ভাৰতৰ ঠায়ে ঠায়ে
ভ্রাতৃঘাতী সংঘর্ষ সংঘটিত হৈছিল। গোবিন্দপুৰত সংঘটিত হোৱা সংঘৰ্ষত যিহেতু আটাইবোৰ
মানুহেই মুছলমান আছিল গতিকে এই কৃষক বিদ্রোহক অসমক পাকিস্থানৰ লগত চামিল কৰাৰ বাবে
মুছলমানসকলে চলোৱা এক ব্যৰ্থ প্ৰচেষ্টা বুলিও বহুতে ক'ব
খোজে। কিছু সংখ্যকে আকৌ বংগৰপৰা প্ৰব্ৰজিত মুছলমানসকলক অসমৰ পৰা খেদি পঠিওৱাৰ বাবে
তদানীন্তন চৰকাৰে ভাবুকি সৃষ্টিৰ বাবে পৰিকল্পিতভাৱে পুলিচৰ হতুৱাই এই ঘটনা সংঘটিত
কৰাইছিল বুলিও ক’ব খোজে। কিন্তু নিৰপেক্ষ দৃষ্টিৰে এই সংঘৰ্ষৰ
কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে, এই বিদ্ৰোহৰ আঁৰত দেশ বিভাজন বা সাম্প্ৰদায়িকতাৰ স্পৰ্শ মুঠেই নাছিল।
সেয়া আছিল হত দৰিদ্ৰ ভূমিহীন কৃষকে নাঙলৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে কৰা এক নিৰ্ভাঁজ
কৃষক বিদ্রোহ।
বিষ্ণুৰাম মেধি তেতিয়া তদানীন্তন গোপীনাথ বৰদলৈ
মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী আছিল। বিষ্ণুৰাম মেধীয়ে ‘বেদখলকৃত ভূমি’ মুক্ত কৰাৰ কাৰণে এক
নিৰ্দ্দেশ জাৰী কৰিছিল। সেই নিৰ্দ্দেশ কার্যকৰী কৰাৰ কাৰণে পুষ্প দাৰোগাৰ নেতৃত্বত
ৰে'ল আৰক্ষী বাহিনীৰ পঞ্চাছজনীয়া বৃহৎ বাহিনী এটা
গোবিন্দপুৰলৈ প্ৰেৰণ কৰিছিল আৰু উক্ত বাহিনী গোবিন্দপুৰ ৰিজাৰ্ভৰ পশ্চিম প্রান্তত
অৱস্থিত মৰাভাজত ছাউনী পাতি আছিল।
আৰক্ষীৰ আগমনত বাঘবৰ, মৰাভাজ, গোবিন্দপুৰ, আলীগাঁও,
চাচৰা, মাণিকপুৰ, শিতুলী,
বালিকুৰিকে আদি কৰি বহু গাঁৱৰ মানুহ আতংকিত হৈ উঠিছিল। বিশেষকৈ
বাঘবৰ অঞ্চলৰ মানুহ অধিক আতংকিত হৈ উঠিছিল আৰু ঘটনাৰ তলানলা জানিবৰ বাবে উদ্বাউল
হৈ উঠিছিল। কৃষকৰ মাজত নানা গুণাগঁথা, জল্পনা-কল্পনা চলিছিল।
ফলত ঘটনাটো জনীয়া, কলগাছিয়া আদি অঞ্চললৈকো বিয়পি পৰিছিল। ঘটনাটো
ঘটিছিল এনেদৰে-
১৯৪৭ চনৰ ২০ মাৰ্চত ১ নং চাচৰাত গুলী চালনাৰ ঘটনাত
বিক্ষুব্ধ এদল কৃষক মৌলভী আব্দুল খালেক চৌধুৰী আৰু কদ্দুছ খাঁনৰ নেতৃত্বত
গোবিন্দপুৰ ৰিজাৰ্ভৰ পশ্চিম প্রান্তত অৱস্থিত মৰাভাজত বাহৰ পাতি থকা আৰক্ষী ছাউনী
আক্ৰমণ কৰিবলৈ আহত শার্দূলৰ দৰে আগুৱাই গৈছিল। বন্দুকৰ গুলী নুফুটে বুলি আব্দুল
খালেক চৌধুৰীয় বিক্ষুব্ধ কৃষকসকলক প্ৰৰোচিত কৰি কালান্তক যমৰ মুখলৈ আগুৱাই যাবলৈ উৎসাহিত কৰি
আছিল।
ইফালে পুষ্প দাৰোগাই কৃষকসকল ছাউনীৰ ফালে আগুৱাই অহাৰ বাতৰি
পাই দলবললৈ গোবিন্দপুৰলৈকে আগবাঢ়ি আহি ৰৈ
আছিল। অর্থাৎ কৃষকসকলক বাধা দিয়াৰ কাৰণে মেলিটাৰীসকল শাৰী পাতি সষ্টম হৈ থিয়
দি আছিল। কৃষকসকলক আগুৱাই অহা দেখি পুষ্প দাৰোগাইমেগাফোনেৰে কৃষকসকলক অধিক আগ
নাবাঢ়িবলৈ সঁকীয়াই দি নির্লিপ্তভাৱে থিয় দি থাকিল। দাৰোগাৰ সেই সঁকীয়নি আৰু
নির্লিপ্ততাক আৰক্ষীৰ দুৰ্বলতা বুলি ভাবি কৃষকসকল দ্বিগুণ উৎসাহেৰে আৰক্ষীৰ ফালে
আগুৱাই থাকিল। নিৰস্ত্ৰ কৃষকৰ আস্ফালন আৰু মৰসাহ দেখি শাৰী পাতি ৰৈ থকা আৰক্ষীসকলো
উত্তেজিত হৈ উঠিল আৰু বন্দুকৰ নিচানাৰ আওঁতাৰ ভিতৰলৈ সোমাই অহালৈ শ্বাসৰুদ্ধভাৱে
অপেক্ষা কৰি থাকিল।
আৰক্ষীৰ সেই নীৰৱতা আৰু নির্লিপ্ততাক কৃষকসকলে খালেক
চৌধুৰীৰ দোয়াৰ ভেলেকী বুলি ভাবি প্রবল উৎসাহ আৰু আস্ফালনেৰে আগবাঢ়ি থাকিল।
কৃষকসকল ছাউনীৰ একেবাৰে কাষ চাপি অহাৰ লগে লগে পুষ্প
দাৰোগাই আৰক্ষীসকলক উদ্দেশ্য কৰি নিৰ্মম আদেশ দিলে - ফায়াৰ.........
দাৰোগাৰ নিৰ্দ্দেশ পোৱাৰ লগে লগে অৰ্দ্ধৰ্শতাধিকতকৈও অধিক
বন্দুক একেলগে গর্জি উঠিল। লগে লগে কৃষকসকলৰ মাজত হুৱাদুৱা লাগি গ'ল। গুলীৰ শব্দ আৰু মৰণোন্মুখ জনতাৰ
চিঞৰ-বাখৰে গোবিন্দপুৰ আকাশ-বতাহ কঁপাই তুলিলে৷
সেই ঘটনাত সর্বাগ্রে প্রাণ হেৰুৱাইছিল খালেক চৌধুৰীয়ে।
কদ্দুছ খাঁন বিৰিণাৰ আঁৰলৈ প্ৰাণলৈ কথমপি পলাই সাৰিছিল।
ঘটনাৰ পাছদিনা বৰপেটা মহকুমাৰ তদানীন্তন মহকুমাধিপতি
খনীন্দ্ৰ বৰুৱা, মহকুমা আৰক্ষী
অধীক্ষক চামচুদ্দিন, বৰপেটা থানাৰ অ’চি
ঘন লস্কৰকে আদি কৰি চৰকাৰী বিষয়াসকল গোবিন্দপুৰলৈ আহি ঘটনাস্থলী পৰিদৰ্শন কৰি
ছাউনী আক্রমণ কৰিবলৈ অহা কৃষকসকলক
গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দ্দেশ জাৰি কৰিলে। অসম চৰকাৰে গুলী চালনা ঘটনাৰ ন্যায়িক
তদন্তৰ দায়িত্ব ভাৰ অৰ্পণ কৰিলে তদানীন্তন জিলা দণ্ডাধীশ শৰৎ বৰকটকীক। বৃটিচ
পার্লামেণ্টতো এই গুলী চালনাৰ বৈধতাৰ প্রশ্ন উত্থাপিত হৈছিল; কিন্তু তেতিয়াৰ অবিভক্ত-কামৰূপ জিলাৰ
আৰক্ষী অধীক্ষক কাৰ্চ চাহাবে গুলী চালনাৰ ঘটনা আৰক্ষীৰ আত্মৰক্ষাৰ তাগিদাত সংঘটিত
হোৱা বুলি মত পোষণ কৰি কৃষকৰ বিৰুদ্ধে প্রতিবেদন দাখিল কৰিলে। ফলত কৃষকসকল যধে-মধে
গ্রেপ্তৰ হ’বলগীয়া হ’ল। এই ঘটনাক আজিও
বহুতে শ্ৰদ্ধাৰে স্মৰণ কৰে।
অসমত সাম্প্রদায়িক সংঘর্ষ।
স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ অন্যান্য ঠাইত সাম্প্রদায়িক সংঘর্ষ সংগঠিত হ’লেও সেই বতাহে অসমক স্পৰ্শ কৰিবপৰা নাছিল।
কাৰণ ভাৰতবৰ্ষৰ ভিতৰত সৌসিদিনালৈকে অসমখনেই আছিল আটাইতকৈ নিভাঁজ ধৰ্ম নিৰপেক্ষ
ৰাজ্য৷ অসমৰ মানুহবিলাক ধৰ্মতকৈ ভাষাকহে অধিক গুৰুত্ব প্ৰদান কৰে। যাৰ ফলত
বাংলাভাষী ধর্মান্তৰিত মুছলমানসকলে অসমীয়া মূল সুঁতিৰ লগত একাত্ম হ’বলৈ অসমীয়া ভাষা- সংস্কৃতি আদৰি লৈ বাংলা মাধ্যমৰ পৰিৱৰ্ত্তে অসমীয়া
মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া ভাষাৰ প্রতি আনুগত্য প্রকাশ কৰিছিল। ভাষা আন্দোলনৰ
সময়তো এই মুছলমানসকলে অসমীয়া ভাষাক সমর্থন কৰিছিল। ফলত বহু দিনলৈ এওঁলোকে অসমত
নির্বিঘ্নে বসবাস কৰি আছিল। অর্থাৎ অসমীয়া হিন্দু আৰু বাংলাভাষী মুছলমানৰ লগত
কোনো ধৰণৰ সংঘৰ্ষৰ সূত্ৰপাত হোৱা নাছিল। উভয় সম্প্ৰদায়ৰ মাজত বিশ্বাস ও সদ্ভাৱ
অটুট আছিল। ইদলে সিদলৰ লগত একাত্মতাবোধ কৰিছিল। এজনে সিজনক সখি-বন্ধু বুলি সম্বোধন
কৰিছিল। মুছলমানে হিন্দুৰ ঘৰত থাকিলেও নিজৰ ঘৰখনত থকাৰ দৰেই নিৰাপদ অনুভৱ কৰিছিল।
অসমীয়া হিন্দুই মুছলমানৰ বিপদক নিজৰ বিপদ বুলি ভাবিছিল। মাধ্যম আন্দোলন চলি থকাৰ
সময়ত এই লেখকক অসমীয়া হিন্দুই মাতি নি নিজৰ ঘৰত আশ্রয় দি চি,আৰ, পি, এফৰ হাতৰপৰা ৰক্ষা কৰিছিল। এয়া কোনো বিক্ষিপ্ত ঘটনা নাছিল। সম্প্ৰীতিৰ
এনাজৰীডাল কট্কটীয়া আছিল কাৰণে এয়া সম্ভৱ হৈছিল। সেই কথা মনত পৰিলে আজিও মই
ৰোমাঞ্চিত হৈ উঠো। কিমান সুহৃদ্যপূৰ্ণ আছিল সেইবোৰ দিন!
কিন্তু ১৯৭৭ চনৰপৰা সেই সম্প্ৰীতিৰ এনাজৰীডালত ঘূণে ধৰিছে।
ইয়াৰ মূলতে আছে সংঘ পৰিবাৰৰ সাম্প্রদায়িক ৰাজনীতি। কাৰণ ১৯৭৭ চনৰ ২৩ জানুৱাৰীত
সংঘ পৰিবাৰৰ ছত্ৰছায়াত গঢ়লৈ উঠা জনতা দলে ভাৰতবৰ্ষৰ ৰাজনীতিত খোপনি পোতাৰ পাছতে
এই সম্প্ৰীতিত ভাঙোন আৰম্ভ হৈছে বুলি ক'ব পাৰি। ১৯৭৭ চনৰ ২৪ মাৰ্চত মোৰাৰৰ্জী দেশাইৰ নেতৃত্বত জনতা দল নির্বাচনত
জয়ী হৈ দিল্লীৰ শাসন ভাৰ চম্ভালে৷ ইয়াৰ অব্যবহতি কাল পাছত ১৯৭৮ চনৰ ১২ মাৰ্চত
গোলাপ বৰবৰাৰ নেতৃত্বত অসমতো জনতা দলে চৰকাৰ গঠন কৰে। জনতা দলৰ চৰকাৰ গঠনৰ পাছতে
১৯৭৯ চনৰ ৭ এপ্ৰিলত ‘অসম সংযুক্ত মুক্তি বাহিনী’ (আলফা)ৰ জন্ম হয়। আলফাৰ জন্ম হোৱাৰ পাছতে অসমত থকা ৪৪, ৫০, ৮৪ লাখ বিদেশীক অসমৰপৰা বহিস্কাৰৰ দাবীত উক্ত
চনৰ ৮ জুনৰপৰা ছাত্ৰসংন্থাৰ উদ্যোগত বিদেশী বহিস্কাৰ আন্দোলন আৰম্ভ হয়। এই
আন্দোলন এটা সময়ত ইমানেই ব্যাপক আৰু হিংসাত্মক হৈ পৰে যে, ১২
ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লগা হয়। ফলত অসমীয়া
হিন্দু আৰু মুছলমানৰ সদ্ভাৱৰ মাজত ফাটল ধৰে আৰু সম্ভাৱৰ ঠাইত হিংসাৰ বীজ অঙ্কুৰিত
হয়। ১৯৮৩ চনত এই অবিশ্বাস আৰু হিংসাই চূড়ান্ত ৰূপ লয় আৰু ভ্ৰাতৃঘাতী সংঘৰ্ষৰ
সূত্ৰপাত হয়। উক্ত সংঘৰ্ষত চাউলখোৱা, নেলী, ৰূপহী, জুৰিয়া, হাউলী,
লেংটিচিঙা, খৈৰাবাৰী, ছালাকাটি,
খৰমূজা, কচুৱা, আমটেঙা,
বক্রাজুলী, খৰিচালাকে আদি কৰি বিভিন্ন ঠাইত
অলেখ ঘৰ-বাৰী, সা-সম্পত্তি জুইত পুৰি ভস্মীভূত হোৱাৰ লগতে শ
শ নৰ-নাৰী, শিশু-বৃদ্ধ-যুৱক হতাহত হয়। পোৰা ছাই আৰু মৰাশৰ
গোন্ধ আকাশে-বতাহে বিয়পি পৰে। সেই নাৰকীয় দৃশ্য প্রত্যক্ষ কৰি ইন্দিৰা গান্ধীৰ
দৰে নেত্ৰী এগৰাকীয়েও কাপোৰৰ আঁচলেৰে মুখ ঢাকি চকুলো সম্বৰণ কৰিব লগা অৱস্থাৰ সৃষ্টি
হৈছিল। ইয়াৰ পাছৰ পৰ্যায়ত বি,টি,এ,ডি এলেকাত আন কে’বাটাও গোষ্ঠীগত সংঘর্ষ সংঘটিত হৈ
গৈছে। এইবোৰ সংঘৰ্ষত হাজাৰ হাজাৰ বাঙালী হিন্দু-মুছলমান, আদিবাসী
নাৰী-পুৰুষ, শিশু-বৃদ্ধ-যুৱাক হত্যা অথবা জীয়াই জীয়াই পুৰি
মৰা হৈছে। ইয়াৰ পাছৰ পৰ্যায়ত ১৯৯৫, ২০০৮, ২০১১আৰু ২০১৪ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ আছিল অতি ভয়াৱহ। এই সাম্প্রদায়িক
সংঘৰ্ষত শত শত মানুহ মৃত্যুমুখত পৰাৰ লগতে অলেখ সা-সম্পত্তি পুৰি ভস্মীভূত হৈছে।
২০১১ চনৰ ১৯ জুলাইৰপৰা ২৬ জুলাইলৈ সংঘটিত হোৱা সংঘৰ্ষত ৫৩ জন লোক নিহত হোৱাৰ লগতে
আহত হৈছিল ৬৭ জন লোক। প্রায় তিনি লাখ লোক গৃহহীন হৈ ২৫০ টা আশ্রয় শিৱিত আশ্রয়লৈ
এক দুর্বিষহ জীৱন কটাব লগা হৈছিল। তেতিয়াৰ সেই সংঘৰ্ষত আক্ৰান্তসকলৰ বহুতে
এতিয়াও বিভিন্ন আশ্রয় শিৱিত নানা আলৈ-আহুকালৰ মাজেৰে কালাতিপাত কৰিবলগা হৈছে।
বিদেশী বহিষ্কাৰ আন্দোলনৰ পাছৰ পৰ্যায়ত দাঢ়ি-লুংগী দেখিলেই
বাংলাভাষী মুছলমানক চৰুৱা-বাংলাদেশী বুলি উপলুঙা কৰাটো পৰম্পৰাত পৰিণত হৈ গৈছে।
পেটৰ দায়ত ভাতমুঠি যোগাৰৰ বাবে চহৰ নগৰলৈ ঠেলা-ৰিক্সা চলাবলৈ অথবা দিন-মজুৰি
কৰিবলৈ যোৱা মুছলমানসকল অযথা হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয়। এই প্ৰক্ৰিয়া দিনৰ পাছত দিন ধৰি
চলি আছে আৰু দিনৌ লাখ লাখ বাংলাদেশী অসমত অবৈধ ভাবে প্রবেশ কৰাৰ বাতৰি এচাম মানুহে
ধাৰাবাহিকভাবে প্রচাৰ কৰি আছে। এই অবৈধ অনুপ্ৰবেশত অসমত বসবাস কৰি থকা বাংলাভাষী
মুছলমানসকলে ইন্ধন যোগাই আছে বুলিও বাতৰি কাকতসমূহে উদ্দেশ্য প্রণোদিত ভাবে
ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি আছে আৰু ইয়াৰে গইনালৈ বাংলাভাষী মুছলমানসকলক নানা
ধৰণে আতিশয্য চলাই থকা হৈছে।
উদাহৰণ স্বৰূপে সম্প্ৰতি বাতৰি কাকতত প্ৰকাশিত দুটা বাতৰিৰ
কথা উল্লেখ কৰিব পাৰি। (১) যোৱা ১৩/০১/২০১১ ইং তাৰিখত অসমৰ আগশাৰীৰ বাতৰি কাকত
অগ্ৰদূতৰ সম্পাদকীয় পৃষ্ঠাত প্রকাশিত ড০ খৰ্গেশ্বৰ ভূঞাৰ ‘অসমীয়া ভাষা প্রয়োগৰ সমস্যা’ শীৰ্ষক এটি লেখাত প্ৰকাশ পাইছিল- ‘শুনামতে বাংলাদেশৰ
সীমান্তত অসমীয়া ভাষা শিকোৱা স্কুল আছে। নতুনকৈ সোমোৱা বাংলাদেশীয়ে অসমলৈ আহিয়েই
অসমীয়া ভাষা ক’বলৈ ল’লে সহজেই দেশীয়
ছাপটো লাগি যায় আৰু অসমীয়ায়ো তেনে লোকক সন্দেহ নকৰে। ইয়াত আবেগৰ কথাটো জড়িত
হৈ আছে।
(২) অসম বাণীৰ ২৪/০৬/২০১১ ইং তাৰিখত প্ৰকাশিত ‘নতুন অচিন মুখবোৰ কাৰ?’ শীর্ষক আন এটা
লেখাত প্ৰকাশ পাইছিল- ‘গুৱাহাটীত এতিয়া য’তে ত’তে সন্দেহজনক লোকৰ ভিৰ। যিকোনো এজন সচেতন
নাগৰিকেই এতিয়া ভালদৰে মন কৰিলে দেখা পাব ব্যস্ত চাৰি আলি চ’ক বা চিটি বাছ স্টপেজবোৰত পুৱা, গধূলি অসংখ্য নতুন
মানুহৰ মুখ। এওঁলোকৰ বেশ-ভূষা, কথা-বতৰা, চলন-ফুৰণ দেখিলেই বুজা যায় জীৱিকাৰ তাড়ণাতেই হওঁক বা এক সুৰক্ষিত
আশ্রয়স্থলৰ আশাতে হওঁক, গুৱাহাটী মহানগৰলৈ অহা এইসকলৰ সৰহ
সংখ্যকেই ভাৰতীয় নাগৰিক নহয়। চুবুৰীয়া বাংলাদেশৰপৰা অবৈধ ভাবে অসমতপ্ৰৱেশ কৰা
এইসকল চেমনীয়া, কিশোৰ আনকি আদহীয়া পুৰুষ মহিলায়ো দুদিন অ'ত ত'ত ঘূৰি ফুৰি এক বিশেষ শ্ৰেণীৰ দালালৰ সহায়ত
গুৱাহাটী মহানগৰত প্ৰৱেশ কৰে। এই দালালেই মহানগৰীৰ বিভিন্ন ঠাইত ভাগে ভাগে
সংস্থাপন কৰি থৈ এটা মোটা অংকৰ কমিচনলৈ পুনৰ নতুন চিকাৰৰ সন্ধানত ঢাপলি মেলে কাছাৰ,
কৰিমগঞ্জ বা ত্ৰিপুৰাৰ উন্মুক্ত সীমায়ূৰীয়া অঞ্চললৈ৷ আমাৰ হাতত
পৰা তথ্য অনুযায়ী সীমা সুৰক্ষা বাহিনী আৰু স্থানীয় পুলিচ থানাৰ লোকৰ এক বুজন সংখ্যকক
ধন নিয়মীয়া ভাবে দি এই দালালবোৰেই নিতৌ অসমৰ ভূমিত প্রবেশ কৰাই আছে জাকে জাকে
বাংলাদেশীৰ দল। ভিতৰুৱা চৰ-চাপৰি অঞ্চলত কেইদিনমান ৰাখি এই মানুহবোৰক অসমত
চলা-ফুৰাৰ প্ৰাথমিক জ্ঞানখিনি দিয়াৰ পাছত ভাগে ভাগে প্ৰেৰণ কৰা হয় বিভিন্ন চহৰলৈ।
অসমৰ গ্ৰামাঞ্চল বা মফচলীয় চহৰ অঞ্চল বা শেহতীয়াকৈ অসমৰ উজনি ভাগত এনে অবৈধ
বাংলাদেশী সম্পৰ্কত ৰাইজ যথেষ্টখিনি সচেতন হৈ পৰাত এনে প্ৰায়খিনি অনুপ্ৰৱেশকাৰীৰ
মূল লক্ষ্য হৈছে গুৱাহাটী মহানগৰী। যিহেতু মহানগৰীৰ সৰহ সংখ্যক অধিবাসীয়েই অতি
ব্যস্ত বা কোনেও কালৈকো লক্ষ্য কৰিবলৈ আহৰি নাই। গতিকে গুৱাহাটী মহানগৰীত বৰ্তমান
ভৰি পৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে। অধিক বিশ্লেষণলৈ নগৈ আমি যদি পুৱা দিন
হাজিৰা কৰাৰ বাবে ৰৈ থকা মানুহবোৰৰ মুখলৈ চাওঁ বা গন্তি কৰোঁ, তেনেহ'লে ওলাই পৰিব আমাৰ এই অভিযোগৰ উত্তৰ। নিতৌ
এনেবোৰ ঠাইত মানুহৰ সংখ্যা বাঢ়িয়েই গৈ আছে—–সি পুৰুষেই
হওঁক বা মহিলাই হওঁক। তাৎপর্যপূৰ্ণ কথাটো হ’ল এই নতুন নতুন মুখৰ
গৰাকীসকলৰ শতকৰা পঞ্চাছ ভাগেই অসমীয়া কোৱাটোতো দূৰৰ কথা, অসমীয়া
ভাষাটোৱেই ভালদৰে বুজি নাপায়। (খৰ্গেশ্বৰ ভূঞাৰ লেখনিৰ একেবাৰে বিপৰীত ভাষ্য)।
কিন্তু ঠিকনা খুজিলেই টপৰাই কৈ দিয়ে ধুবুৰী, গোৱালপাৰা বা
বৰপেটা জিলাৰ কিবা এটা চৰৰ নাম৷ গুৱাহাটীত এতিয়া দিন হাজিৰা কৰা লোক, মাছ বিক্ৰী কৰা বেপাৰী, ৰিক্সাৱালা, ছাদ ঢালাই কৰা শ্ৰমিক, আনকি ঘৰে ঘৰে পাৰ্ট টাইম কাম কৰা
মহিলাৰ শতকৰা নব্বৈ ভাগেই এনে সন্দেহযুক্ত বাংলাদেশী নাগৰিক ৷’
আচলতে এই গৰাকী লেখকৰ অসমৰ ভৌগোলিক অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ
গৰাখহনীয়া তথা চৰাঞ্চলৰ জ্ঞানৰ লগতে প্ৰাগজ্যোতিষপুৰীয়া মুছলমানৰ অৰ্থনীতি
সম্পর্কে মুঠেই জ্ঞান নাই যেন লাগে। নহ'লে এনেকুৱা টুলুঙা আৰু অৰ্থহীন লেখা বিভিন্ন ছপা মাধ্যমযোগে প্ৰকাশ কৰি অসমৰ
জনসাধাৰণক বিভ্রান্ত কৰাৰ অপচেষ্টা নকৰিলেহেঁতেন।
অসম চৰকাৰৰ চৰ উন্নয়ন কৰ্তৃপক্ষই যোৱা ১৯৮৫ চনত সংগ্ৰহ কৰা
পৰিসংখ্যাৰ ভিত্তিত জানিবপৰা যায় যে, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১১ খন জিলাত মোটা-মুটি ১২৫৬ টা চৰ আছে। ১৯৯৩-৯৪
চনৰ Socio Economic Survey অনুসৰি আকৌ ২০৮৯ টা চৰৰ পৰিসংখ্যা
পোৱা যায় । এই চৰসমূহত ৮২ লাখ হেক্টৰ মাটি থকা বুলিও অনুমান কৰা হৈছিল। আন এক
তথ্যৰ পৰা জানিবপৰা যায় যে, সম্প্ৰতি অসমৰ ১৪ খন জিলাত চৰ
গাঁৱৰ সংখ্যা ২২৫১ খন, চৰৰ মাটিকালি ৩,৬০,927 হেক্টৰ আৰু জনসংখ্যা ২৪,৯০,০৯৭ জন। পৰিয়ালৰ সংখ্যা ৪,৩৪,৭৫৪
টা আৰু ইয়াৰে দৰিদ্ৰ সীমা সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ সংখ্যা ২,৯৫,১৯৯ টা। শিক্ষিতৰ হাৰ মাথোন ১৯.৩১ শতাংশ। বিগত ২০০১
চনৰপৰা ২০১৩ চনলৈ চৰ উন্নয়নৰ নাম খৰচ কৰা হৈছে ২৩০০০,০০,০০০,০০ (তেইছ হাজাৰ কোটি)টকা ইয়াৰ উপৰিও আছে এন জি
ও বিলাকে আৰব ৰাষ্ট্ৰবোৰৰ পৰা অনা কোটি কোটি টকা। কিন্তু এতিয়ালৈকে চৰত নাই ভাল
ৰাস্তা, বিজুলি, খোৱাপানী, ভাল শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ মূলতে আছে চৰকাৰৰ অনীহা,দৰিদ্ৰতা আৰু বাল্যবিবাহ। ১৯৭১ চনৰ লোক পিয়লৰ তথ্য অনুসৰি এই চৰাঞ্চলৰ
জনসংখ্যা ৬ লাখ ১০ হাজাৰ জন আছিল বুলি জনা যায়। আন এক তথ্যৰপৰা জনা যায় যে,
যোৱা ৫০/৬০ বছৰৰ ভিতৰত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰায় ৭০০ খন,
বৰপেটা জিলাৰ ৩৫০ খন আৰু কামৰূপ, নগাঁও,
যোৰহাট, ডিব্ৰুগড় জিলাৰ শত শত গাঁও
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে। কিন্তু
চৰকাৰে এই মানুহবিলাকৰ সংস্থাপনৰ বাবে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। বিগত
৫০/৬০ বছৰে গৰাখহনীয়াগ্ৰস্ত মানুহবিলাকে দৰিদ্ৰতাৰ লগত যুঁজি যুঁজি সর্বস্বান্ত
হৈ অঘৰী ভাবে দিহিঙে-দিপাঙে কামৰ সন্ধানত ঘূৰি ফুৰিব লগা হৈছে আৰু অসমৰ বিভিন্ন
চহৰ আৰু গাঁৱে-ভূঁৱে সোমাই পৰিছে। এওঁলোকৰ কিছুমানে ঠেলা-ৰিক্সা চলাইছে, কিছুমানে মাটি কাটিছে, নলা-নর্দমা চাফা কৰিছে,
কিছুমানে আকৌ মাছ, শাক-পাচলিৰ ব্যৱসায় কৰি
পৰিয়াল পোহপাল দি আছে। এওঁলোক আর্থিক, সামাজিক, শৈক্ষিক ভাবে তেনেই পিছপৰা চৰকাৰৰ অৱহেলাৰ ফলত। শ শ বছৰ ধৰিঅসমৰ চাৰিসীমাৰ
ভিতৰত বসবাস কৰিও এওঁলোক এচাম জাত্যাভিমানী লোকৰ মনত সন্দেহযুক্ত বাংলাদেশী হিচাপে
চিহ্নিত হৈ আহিছে। অসমীয়া জাত্যাভিমানী আৰু ক্ষমতালোভীসকলে এই জনগোষ্ঠীটোক সচেতন
ভাবে শাৰীৰিক, মানসিক আৰু অৰ্থনৈতিক ভাবে দিনৰ
পাছত দিন ধৰি নিৰ্যাতন কৰি আছে। অথচ এই মানুহবিলাকৰ ত্যাগৰ তুলনা নাই। এওঁলোকে
নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰিছে, অসমখনক
শস্য-শ্যামলা কৰাৰ কাৰণে মূৰৰ ঘাম মাটিত সৰাইছে, অসমীয়া
থলুৱা হিন্দুৰ লগত মিলি যাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে; কিন্তু
এই ত্যাগৰ বিনিময়ত এওঁলোকে পাইছে সন্দেহযুক্ত বাংলাদেশীৰ লেবেল। অর্থাৎ দাঢ়ি,
লুঙী, টুপী আৰু ক্ষীণ-মিন মানুহ মাত্রেই
বাংলাদেশী।
সন্দেহযুক্ত বাংলাদেশী কথাষাৰ যে মাথোন এইসকল মুছলমানক
হাৰাশাস্তিৰ কাৰণে প্ৰয়োগ কৰা হয় সপ্তাহিক ৰাইজৰ বাতৰিৰ
সম্পাদকীয় পৃষ্ঠাত ৮/১৪/২০০৭ তাৰিখত প্রকাশিত ‘বাংলাদেশী বুলি অযথা হাৰাশাস্তি কৰিব নালাগে’ শীর্ষক এটি বাতৰিৰপৰা উপলব্ধি কৰিবপৰা যায়। বাতৰিটো এনেদৰে প্ৰকাশ
পাইছিল- ‘অসমত অবৈধভাবে বিদেশী থকাটো কোনোৱে নিবিচাৰে।
বিদেশী বহিষ্কাৰ আন্দোলনৰ নেতাসকলৰ সৈতে অসম চুক্তিও সম্পাদিত হৈছিল। তাৰ পাছৰপৰা
কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিদেশী চিনাক্ত কৰি তেওঁলোকক আইন সন্মতভাবে
বহিষ্কাৰ কৰাৰো ত্রুটি কৰা নাই। বিদেশী চিনাক্তকৰণৰ নামত কোনো ভাৰতীয় নাগৰিক যাতে
হাৰাশাক্তিৰ সন্মুখীন নহয় তালৈও চৰকাৰে ন্যায় ভাবেই চকু দি আছে। কিন্তু যোৱা
কিছুদিন ধৰি অৰুণাচল প্ৰদেশ আৰু নগালেণ্ডৰপৰা প্ৰায় তিনি হাজাৰ অভিবাসী
(প্ৰকৃতাৰ্থত এই অভিবাসী শব্দটোও আপত্তিজনক। কাৰণ বেলেগ দেশৰপৰা প্ৰব্ৰজন কৰি
আহিলেহে তেওঁলোকক অভিবাসী বুলি কোৱা হয়। এইসকল মুছলমান যিহেতু আন্তঃপ্ৰব্ৰজন কৰিছিল
সেয়ে অভিবাসী শব্দটো এইসকল মুছলমানৰ কাৰণে প্ৰয়োগ কৰাটো মাথোন আপত্তিজনকে নহয়, অপমানজনকো)। মুছলমানক বিদেশী বুলি বহিষ্কাৰ কৰি অসমত উত্তেজনা সৃষ্টি
কৰাটো কোনোপধ্যে সহজে মানি ল’বপৰা ধৰণৰ ঘটনা নহয়। দেশত
বিদেশী চিনাক্তকৰণৰ বাবে চৰকাৰ আৰু ন্যায়ালয় আছে, অন্যলোকে
নিজৰ হাতত আইন নি অৰাজকতাৰ সৃষ্টি কৰাটোনাগৰিক নিয়ম-কানুনৰ পৰিপন্থী। সুখৰ কথা যে,
অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিতাড়িত লোকসকল কোনোপধ্যে বিদেশী
নহয় বুলি সাংবাদিক মেলত স্পষ্ট কৰি দিছে।' এই বাতৰিটোৱে
মুছলমানসকলক অযথা হাৰাশাস্তিৰ কথাকে প্রতিপন্ন কৰা নাইনে বাৰু?
সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ দৰে ঘটনাও ঘটিছে বাংলাদেশীৰ
নামত ৷
দেশ বিভাজনৰ আগৰে পৰাই যে বাংলাভাষী মুছলমানসকল অসমত বসবাস
কৰি আছে এই কথা সততে স্বীকাৰ কৰা হয় আৰু প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাৰ
কথাও কৈ থকা শুনা যায়। ‘ৰক্তাক্ত
অসম’ নামৰ গ্ৰন্থখনত যোগেশ দাসে এটি প্ৰৱন্ধত লেখিছে- ‘অসমত কিমান বাংলাদেশী আছে তাৰ সঠিক সংখ্যা কাৰো হাতত নাই। কিন্তু বিভিন্ন
সংগঠনে পিয়ল, ভোটাৰ তালিকা আদিৰ পৰিসংখ্যাৰ সহায়ত
মোটা-মুটি এটা লেখ দিবলৈ টেষ্টা কৰিছে। এই সংখ্যাটো ৪০/৫০ লাখৰ ভিতৰত হ'ব বুলি উল্লেখ কৰিছে গ্ৰন্থখনত। পাছত লেখকে লেখিছে- ‘প্রথমেই উল্লেখ্য যে পূর্ববংগৰপৰা অহা লোক মাত্রেই বিদেশী নহয়। কাৰণ ভাৰত
আগতে একেখন দেশ আছিল আৰু তেতিয়া অহা লোকক বিদেশী আখ্যা দিয়াটো ভুল।' কিন্তু মুখত এনেকৈ কোৱা হয় যদিও কার্যক্ষেত্ৰত ইয়াৰ ওলোটা প্ৰতিচ্ছবিহে
পৰিলক্ষিত হয়। অৰ্থাৎ বাংলাভাষী হিন্দু আৰু দাঢ়ি লুঙী পিন্ধা আটাইবিলাক মুছলমান
মানুহকে সন্দেহযুক্ত বাংলাদেশীৰ তালিকাভূক্ত কৰা হয়। সীমান্তত সুপ্রশিক্ষিত
সীমান্ত সুৰক্ষা বাহিনী থাকোঁতে দিনৌ কেনেকৈ হাজাৰ হাজাৰ বাংলাদেশী অবৈধ ভাবে অসমত
প্ৰবেশ কৰিব পাৰে অথবা উৎকোচ দি বাংলাদেশী মানুহ কেনেকৈ অসমৰ নাগৰিক হ’ব পাৰে ইয়ো এক ৰহস্য। কাৰণ আমাৰ দেশৰ সীমা সুৰক্ষা বাহিনী ইমানেই ঘৰ- শত্রু
বিভীষণ অথবা দুর্বল নে, যে তেওঁলোকৰ চকুত ধূলি দি নিতৌ হাজাৰ
হাজাৰ বাংলাদেশী আমাৰ দেশত প্ৰবেশ কৰিব পাৰে? আমাৰ দেশৰ
বিষয়াসকল ইমানেই দুর্নীতি পৰায়ণ নে, যে সামান্য কেইটামান
টকাৰ লোভত নিজৰ মাতৃভূমিক বিপদৰ মুখলৈ ঠেলি দিছে? যদি তেনেকুৱাই
হৈছে, তেনেহ'লে কিমানজন আৰক্ষী তথা
বিষয়াক আমাৰ দেশৰ দেশপ্রেমিকসকলে ধৰা পেলাই শাস্তি বিহিলে? হাজাৰ
হাজাৰ বাংলাদেশী চকুৰ আগত মুকলি ভাবে ঘূৰি আছে; কিন্তু
তেওঁলোকৰ কিমানজনক পুলিচৰ হাতত গতাই দিব পাৰিলে বা বাংলাদেশী বুলি চিনাক্ত কৰিব
পাৰিলে? আমাৰ দেশৰ প্ৰশাসন যন্ত্র ইমানেই দুর্বল নে যে,
লাখ লাখ বাংলাদেশী থকা সত্ত্বেও ত্ৰিছ বছৰত মাথোন ২৩২২ জন লোককহে
বাংলাদেশী বুলি চিনাক্ত কৰি ঘূৰাই পঠাবলৈ সক্ষম হ’ল? সেই ২৩২২ জনৰো হয়তো পিতৃ-মাতৃ স্বদেশী--- পুতেক বাংলাদেশী; কোনোবাৰ হয়তো স্বামী স্বদেশী- স্ত্রী বাংলাদেশী।
ছাত্রসন্থাৰ যিসকল নেতাই বাংলাদেশীৰ নামত শাসনৰ বাঘজৰী
চম্ভালিলে তেওঁলোকে দহ বছৰীয়া শাসন কালত লাখ লাখ বাংলাদেশীৰ মাজৰপৰা মাথোন ৯৬১
জনককে বাংলাদেশী বুলি চিনাক্ত কৰিব পাৰিলে। ইয়াৰ ৰহস্য কি? যিমান বাংলাদেশী অসমত আছে বুলি সন্দেহ কৰা
হয় আচলতে সিমান বাংলাদেশী অসমত নাই নেকি? আচলতে বাংলাদেশী
শব্দৰ জৰিয়তে অসমত ৰাজনীতিহে কৰি থকা হৈছে নেকি ? অথবা
বাংলাভাষী মুছলমানক শীতল মস্তিষ্কৰে দাসত্বৰ শিকলিৰে বন্ধাৰ ষড়যন্ত্ৰ চলি আছে
নেকি? কাৰণ এই লোকসকলৰ মাজৰপৰা বিধায়ক সাংসদ হ’লে তেওঁলোকক বাংলাদেশী বুলি উপলুঙা কৰা হয়, বৈধ
ভোটাৰসকলক বাংলাদেশী বুলি অপবাদ দিয়া হয়। এওঁলোকে গণতান্ত্রিক ভাবে ন্যায্য
আন্দোলন বা প্রতিবাদ কৰিবলৈ গ'লেও এচাম জাত্যাভিমানীৰ
বিবেচনাত সেয়া অবৈধ বুলি বিবেচিত হয়। এই প্ৰসংগত সাম্প্রতিক কালৰ কেইটামান
উদাহৰণ দিয়া যাব পাৰে-
(১) বাংলাদেশী বিতাড়নৰ গইনালৈ ছাত্ৰসন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মটক ছাত্ৰসন্থা,
অসম সেনা, গেৰুৱা বাহিনী আদি সংগঠনে ২০০৮ চনত
অসমৰ বিভিন্ন ঠাইত বিভিন্ন বৃত্তিত নিয়োজিত হৈ থকা বাংলাভাষী মানুহবিলাকক
বাংলাদেশী সন্দেহত অগণতান্ত্রিক ভাবে আটক কৰি মাৰপিট কৰাৰ পাছত আৰক্ষীৰ হাতত গতাই
দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে এই প্ৰক্ৰিয়াৰ
সমান্তৰাল ভাবে বন্ধৰ ৰাজনীতিও আৰম্ভ কৰে। ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে ‘মুছা’ নামৰ মুছলিম ছাত্র সংগঠন এটাই উক্ত চনৰে ১৪
আগষ্টত বন্ধৰ আহ্বান দিয়ে। ‘তহঁতে বন্ধ দিবি কিয়?’ এই মনোভাৱেৰে ছাত্ৰসংন্থাৰ কৰ্মীসকলে বন্ধ সমর্থকৰ ওপৰত আক্রমণ চলায়।
ইয়াকেলৈ ওডালগুৰি আৰু ৰৌতাত বিভিন্ন ছাত্র সংগঠনৰ উদ্যোগত গোষ্ঠী সংঘৰ্ষ আৰম্ভ
কৰা হয়। ফলত বহুতো ধন-জন ক্ষতি হয়। এই ক্ষেত্ৰত অসমৰ তেতিয়াৰ ৰাজ্যপালে বিদেশী
বহিষ্কাৰ আন্দোলন ৰাজনৈতিক স্বাৰ্থজনিত বুলি মন্তব্য কৰে। লগে লগে এজিপি, বিজেপি আদি দলবোৰ ৰাজ্যপালৰ সমালোচনাত মুখৰ হৈ উঠে। পাকিস্থানী পতাকা
উৰুৱা বুলিও মুছলমানৰ ওপৰত অপবাদ জাপি দিয়া হয়। স্বয়ং চৰকাৰৰ ফালৰপৰা এই অভিযোগ
খণ্ডন কৰা হয়।
(২) কামৰূপ জিলাৰ ছয়গাঁও আৰু বৰপেটা জিলাত ২০১০ চনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী
অদ্যৱধিকৰণৰ বাবে পাইলট প্রজে প্রক্রিয়া আৰম্ভ কৰিছিল। উক্ত প্ৰক্ৰিয়াত চৰকাৰী
ঘোষণা আৰু কাৰ্যপন্থাৰ মাজত বিশেষ পার্থক্য পৰিলক্ষিত হয়। বৰপেটা জিলাৰ উপায়ুক্ত
ও জিলা পঞ্জীয়কৰ দ্বাৰা পাইলট প্রজেক্ট সন্দৰ্ভত এখন জাননী প্ৰকাশ কৰা হৈছিল।
উক্ত জাননীত চৰকাৰৰ হাতত মজুত থকা নাগৰিক পঞ্জীৰ ১৯৫১ চনৰ প্ৰতিলিপি আৰু ১৯৭১ চনৰ
(২৪ মাৰ্চৰ মাজনিশা পর্যন্ত) সকলো ভোটাৰ তালিকাৰ প্ৰতিলিপি ১৫/০৬/২০১০ তাৰিখৰপৰা
কিছুমান নিৰ্দ্দিষ্ট ঠাইত মজুত ৰখাৰ কথা প্ৰকাশ কৰা হৈছিল। জাননীখনত এনেদৰে উল্লেখ
আছিল- যিসকল ব্যক্তি/ব্যক্তিসকলৰ নাম/নামসমূহ অথবা তেওঁলোকৰ পিতৃ/মাতৃ, ককাদেউতা/আইতাৰ নাম/ নামসমূহ ওপৰৰ যিকোনো
এবিধ নথিত উল্লেখ আছে তেওঁলোকে নিৰ্দ্দিষ্ট আবেদন পত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত
নাম অন্তর্ভূক্তিৰ বাবে আবেদন কৰিব পাৰিব। আনুসংগিক নথিপত্রও প্রয়োজন অনুসাৰে
আবেদন পত্ৰৰ লগত দাখিল কৰিব লাগিব।
কিন্তু দেখা গ'ল, ঘোষণা কৰা ধৰণে সকলো তথ্য নির্দিষ্ট স্থানসমূহত
মজুত নাই। তদুপৰি বৰপেটা ৰাজহ চক্ৰৰ ১৪৬ খন গাঁৱৰ ভিতৰত ২৩ খন গাঁৱৰ কোনো তথ্য
পুনমূদ্রিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাছিল। ১১ খন গাঁৱৰ ১৯৬৬ চনৰ আৰু ১১ খন গাঁৱৰ
১৯৭০-৭১ চনৰ ভোটাৰ তালিকা উপায়ুক্তৰ কাৰ্যালয়কে আদি কৰি কোনো এখন কাৰ্যালয়তে
উপলব্ধ নাছিল৷ গুৰুত্বপূৰ্ণ কথা হ’ল, বৰপেটা
চক্ৰৰ বাহিৰে বেলেগ ৰাজহ চক্ৰৰ কোনো ধৰণৰ তথ্য ক’তো উপলব্ধ
কৰাৰ ব্যৱস্থা কৰা হোৱা নাছিল। ১৯৫১ চনৰপৰা ২০১০ চনলৈ এই সুদীর্ঘ ষাঠি বছৰৰ ভিতৰত
বৈবাহিক সূত্রে বা আন কোনো এৰাব নোৱাৰা কাৰণত বেলেগ ৰাজহ চক্ৰ অথবা বেলেগ জিলাৰপৰা
বৰপেটা ৰাজহ চক্ৰলৈ যিসকল মানুহ উঠি আহি স্থায়ী ভাবে বসবাস কৰি আছিল তেওঁলোকে এন,
আৰ, চি বা ভোটাৰ তালিকা চোৱাৰ বা সংগ্ৰহ কৰাৰ
কোনো ব্যৱস্থা কৰা হোৱা নাছিল। ফলত এইসকল মানুহ এন, আৰ,
চি বা ভোটাৰ তালিকা সংগ্ৰহৰ বাবে হাবাথুৰি খাই ফুৰিব লগা অৱস্থাৰ
সৃষ্টি হৈছিল। জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰপৰা ১০০/১৫০ টকা খৰচ কৰি ভোটাৰ
তালিকা সংগ্ৰহ কৰাৰ সুবিধা আছিল যদিও ১৯৫১ চনৰ এন, আৰ,
চি সংগ্ৰহ কৰাৰ কোনো সুবিধা নাছিল। তদুপৰি মজুত থকা পনুৰ্মুদ্রিত এন,
আৰ, চিত বহুতো নাম ভুলকৈ মূদ্ৰণ কৰা হৈছিল।
অথচ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অদ্য ৱধিকৰণ অনুৱন্ধ- ২ ত ১৯৭১ চনৰ আগত
বসবাস কৰা স্থান ও ১৯৭১ চনলৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাত থকা অন্তৰ্ভূক্তিৰ বিৱৰণ
আৰু আবেদনকাৰী অথবা তেওঁৰ পূৰ্বপুৰুষৰ ১৯৫১ চনৰ এন, আৰ,
চিত থকা অন্তৰ্ভূক্তিৰ তথ্য বিচৰা হৈছিল। লগতে প্ৰ-পত্ৰ পূৰ্ণ কৰাৰ
পাছত এনে ধৰণে এটি ঘোষণা দিয়াটো বাধ্যতামূলক আছিল- ‘ওপৰত
উল্লেখ কৰা তথ্য মোৰ জ্ঞান বিশ্বাস মতে সম্পূর্ণ সত্য আৰু অদ্যৱধিকৃত এন, আৰ, চিত মোৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ নাম
অন্তর্ভূক্তিৰ বাবে প্ৰাৰ্থনা জনালো। ওপৰত উল্লেখ কৰা যিকোনো তথ্য মিছা বুলি
প্ৰমাণিত হ’লে মই আইন অনুযায়ী শাস্তিৰ যোগ্য হ’ম।' গতিকে ভূক্তভোগী মানুহবিলাক এক গভীৰ সমস্যাৰ
সন্মুখীন হৈছিল । তদুপৰি প্ৰ-পত্ৰখনতো বহুতো ভুল আছিল। প্ৰ-পত্ৰত থকা এই ভুলৰ কথা
পাছৰ পৰ্যায়ত অসম চৰকাৰৰ তেতিয়াৰ মাননীয় শিক্ষামন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই
বৰপেটাৰ শনকুছি কল’নীৰ এখন জনসভাত নিজ মুখে স্বীকাৰ কৰিছিল।
উপৰোক্ত অসুবিধাসমূহ আঁতৰ আৰু প্ৰ-প্ৰত্ৰত থকা ভুল সংশোধনৰ
বাবে ভূক্তভোগী মুছলমানসকলৰ হৈ প্ৰাগজ্যোতিষপুৰীয়া খিলঞ্জীয়া মুছলমান উন্নয়ন
পৰিষদৰ তৰফৰপৰা উপায়ুক্ত মহোদয়ক অৱগত কৰাৰ পাছতো উপায়ুক্ত মহোদয়ে ভুলসমূহ
শুধৰণিৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। ফলত উক্ত আসোঁৱাহসমূহ উপায়ুক্ত
মহোদয়ৰ দৃষ্টি গোচৰ কৰাৰ কাৰণে ২১/৭/২০১০ তাৰিখত স্মাৰক পত্ৰ
প্ৰদানৰ কাৰণে অসম সংখ্যালঘু ছাত্রসংন্থাৰ উদ্যোগত এদল লোক সমদল কৰি বৰপেটা
জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়লৈ আহি শান্তিপূর্ণ ভাবে ৰৈ আছিল আৰু সমদলৰ
নেতৃত্ব দিয়া ব্যক্তিসকলে স্মাৰক পত্ৰ প্ৰদানৰ বাবে উপায়ুক্তৰ লগত যোগাযোগ কৰি
আছিল। কিন্তু সমদলকাৰীসকল আধা ঘণ্টা ৰৈ থকাৰ পাছতো স্মাৰক পত্ৰখন গ্ৰহণৰ বাবে
উপায়ুক্তৰ ফালৰপৰা কোনো ধৰণৰ উদ্যোগ গ্রহণ নকৰাত সমদলকাৰীসকলৰ মাজৰপৰা দুই
চাৰিজনে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা দুই এটা চাইন বোৰ্ডৰ ক্ষতি সাধন কৰে।
সমদলত অংশ গ্রহণ কৰা লোকৰ ভাষ্য অনুসৰি ঠিক তেতিয়াই একাংশ দুষ্কৃতিকাৰী সমদলৰ
মাজত সোমাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। সেই শিলগুটি সমদলকাৰী আৰু আৰক্ষীৰ গাত
লাগে। ফলত সমদলকাৰীৰৰ মাজৰপৰা দুই চাৰিজনে সেই শিলগুটি বুটলি আৰক্ষীলৈ নিক্ষেপ
কৰে। তেতিয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় আৰু আৰক্ষীয়ে দ্বিধাহীন
ভাবে গুলী বৰ্ষণ কৰিবলৈ ধৰে। গুলী চালনা দুপৰীয়া ১২ বজাৰপৰা ১২-৪০ বজালৈ অর্থাৎ
৪০ মিনিট সময় ধৰি চলে আৰু উক্ত গুলী চালনাত চাৰ্জিন সমদলকাৰী ক্ৰমে (১) ছিৰাজুল
হক (২) মোতালেব আলি (৩) মহিদুল ইচলাম মোল্লা (৪) মাজম আলি ঘটনাস্থলীতে নিহত হয়।
পুলিচৰ বৰ্বৰতাৰপৰা প্ৰাণ ৰক্ষাৰ কাৰণে দৌৰি পলাবলৈ ধৰা লোকসকলক বৰপেটাৰ কিছু
স্থানীয় দুস্কৃতিকাৰীয়ে ৰাস্তাই ৰাস্তাই, অলিয়ে-গলিয়ে লাঠিৰে কোবাই, শিলগুটি দলিয়াই আহত কৰে।
পুলিচৰ গুলীতকৈও দুস্কৃতিকাৰীৰ আক্ৰমণত অধিকলোক আহত হয়। লাঠিৰ কোব আৰু শিলগুটি
দলিওৱাৰ ফলত ৭২ জন লোক আহত হৈ চিকিৎসালয়ত ভৰ্ত্তি হ’ব লগা
হয়। এই গুলী চালনাৰ ঘটনাৰ পাছত উদ্দেশ্য প্রণোদিত ভাবে টি, ভি
নিউজত কিছুমান মনেসজা বাতৰি পৰিৱেশন কৰা হয়। যেনে-সমদলকাৰীয়ে সমদল কৰি অহাৰ
সময়ত বহুতো দোকান-পোহাৰ ক্ষতি কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা মটৰ
চাইকেলত অগ্নি সংযোগ কৰা বুলি প্ৰচাৰ কৰা হ’ল আৰু জ্বলি থকা
মটৰ চাইকেলো ভি, ডি, ও ফুটেজত প্ৰদৰ্শন
কৰা হ'ল। কিন্তু তাৎপর্যপূর্ণ কথা হ’ল,
টি, ভিৰ পৰ্দাত ক্ষতিগ্রস্ত দোকানৰ এটা ভি,
ডি, ও ফুটেজো দেখুৱা নহ’ল
নাইবা মটৰ চাইকেলত কেনেকৈ জুই লাগিল আৰু কোনে জুই লগালে সেই দৃশ্য এবাৰো দেখুৱা নহ'ল।
বৰপেটাৰ ঘটনাৰ পাছত মুছলমানসকলে স্বতস্ফূর্ত ভাবে ২০১১ চনৰ
নিৰ্বাচনত এ, আই, ইউ, ডি, এফক ভোট দিয়াৰ ফলত ১৮
খন আসনত এ, আই, ইউ, ডি, এফৰ প্ৰাৰ্থী জয়ী হয়। এই সাফল্যত ঈৰ্ষাতুৰ হৈ
নিউজ লাইফে উদ্দেশ্য প্রণোদিত ভাবে এ, আই, ইউ, ডি, এফ দলক মানৰ লগত তুলনা
কৰি এক আপত্তিজনক বাতৰি পৰিৱেশন কৰিলে।
বিদেশী বহিষ্কাৰ আন্দোলনৰ পাছৰপৰা এনে বহু বিদ্বেষপূর্ণ
মন্তব্য প্রাগজ্যোতিষপুৰীয়া ধর্মান্তৰিত মুছলমানে সততে শুনি থাকিব লগা হৈছে।
বিভিন্ন কিতাপৰ পাতত লিপিৱদ্ধ হোৱা কিছুমান প্ৰৰোচনামূলক
মন্তব্য।।
কিতাপৰ পাতত কিছুমান বিদ্বেষপূর্ণ মন্তব্য লিপিৱদ্ধ কৰি এই
সকল মুছলমানৰ ওপৰত মনেসজা কিছুমান দোষ জাপি দিয়া হৈছে। ‘প্ৰব্ৰজনৰ ভয়াৱহতা’ নামৰ
গ্ৰন্থত লেখক শ্ৰী হেমচন্দ্ৰ শইকীয়াই লেখিছে-‘...কিন্তু অতি
পৰিতাপৰ কথা, চৰকাৰে অধিগ্ৰহণ কৰাৰ পাছতো যি পৰিমাণৰ ভূমি
সত্ৰসমূহৰ নামত আছিল তাতো বাংলাদেশী পমুৱাৰ ব্যাপক বেদখল আৰম্ভ হৈছে। এই পমুৱাসকলৰ
বেদখলৰ কাৰণে বহুতো সত্ৰ বৰ্তমান পৰিত্যক্ত হৈ পৰিছে। তদুপৰি পমুৱাৰ বেদখলৰ কাৰণে
ভালেকেইখন সত্ৰৰ অস্তিত্ব বিপন্ন হৈ পৰিছে। নগাঁও জিলাৰ ৰামপুৰ সত্ৰ, কৰাইকাটা সত্ৰ বৰ্তমান সম্পূৰ্ণ পমুৱাৰ দখলত।... আনকি শ্ৰীমন্ত শংকৰ দেৱৰ
জন্মস্থান বৰদোৱা বৰ্তমান পমুৱা মছলমানৰ(মুছলমান নহয়।) দ্বাৰা পৰিৱেষ্টিত।...
আনহাতে বৰপেটা জিলাৰ কনৰা সত্ৰ, কালজাৰ সত্ৰ, পুৰণা ভৱানীপুৰ সত্ৰ, জনীয়া সত্ৰ আৰু অসম-বাংলাদেশ সীমান্তত
অৱস্থিত সত্ৰশাল সত্ৰও পমুৱা দেখলকাৰীৰ দৌৰাত্মত জৰাজীৰ্ণ।' কনৰা
সত্ৰৰ বিষয়ে লেখকে লেখিছে যে, বর্তমান কনৰা সত্ৰৰ চৌপাশে
প্রায় ৫ (পাঁচ) কিলোমিটাৰ দূৰলৈকে এটাও সত্ৰীয়া পৰিয়াল নাই।
উপৰোল্লিখিত সত্ৰৰ বিষয়ে বিশেষ নাজানো যদিও কনৰা সত্ৰৰ
বিষয়ে ভালদৰেই জানো। কাৰণ কৰা সত্ৰ আমাৰ নিচেই ওচৰত অৱস্থিত। লেখকে লেখা ধৰণে
কনৰা সত্ৰৰ ওচৰে-পাজৰে কোনো পৰিয়াল নথকাটো সঁচা। কিন্তু সেয়া মুছলমানৰ বেদখলৰ
কাৰণে নহয়। ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত সত্ৰীয়া পৰিয়াল বিলাক কাহানিবাই বেলেগ ঠাইলৈ
উঠি গৈছে। মাথোন সত্ৰীয়া পৰিয়ালেই নহয় আন বহুতো পৰিয়াল উক্ত ভূমিকম্পৰ ফলত
বাঘবৰ, গজিয়া, কুমাৰীকাটাকে
আদি কৰি অসমৰ বিভিন্ন ঠাইলৈ উঠি গৈছে আৰু তাতে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি
সৰ্বস্বান্ত হোৱা ভূমিহীন মুছলমান পৰিয়ালক ১৯৬৫ চনত চৰকাৰে ভূমি আৱণ্টন দিছে। হ’লেও সত্ৰৰ মাটি এতিয়াও অক্ষত অৱস্থাতে আছে। ১৯৮১ চনত চৰকাৰী সাহায্যত সেই
মাটিতে সত্ৰখনৰ ভাঁজঘৰ নিৰ্মাণ কৰি দিছে। ইয়াত বেদখলৰ প্ৰশ্ন মুঠেই নাই ।
এইদৰে সত্ৰৰ মাটি বেদখল কৰাৰ বহু ভিত্তিহীন অভিযোগ লিপিৱদ্ধ
কৰিছে গ্ৰন্থখনত। এইবোৰ মনেসজা ভিত্তিহীন অভিযোগৰ ফলত মাথোন হিন্দু-মুছলমানৰ
সম্প্ৰীতিত হেঙাৰে সৃষ্টি কৰা নাই জাতীয় সংহতিৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰিছে। গ্ৰন্থখনত
বনাঞ্চল আৰু চৰাঞ্চলৰ মাটি বেদখল কৰাৰো অভিযোগ উত্থাপন কৰিছে এনেদৰে-‘ বাংলাদেশীৰ নীৰৱ আক্রমণে নামনি অসমৰ
জিলাকেইখন দখল কৰিলে। বৰ্তমান সেই সকল উজনি অসমলৈ আগবাঢ়িছে। অনুপ্ৰৱেশকাৰীৰ চকু
চৰ আৰু বনাঞ্চল। বর্তমান গোলাঘাট জিলাৰ চাৰিখন প্রধান সংৰক্ষিত বনাঞ্চলৰ মুঠ ৮৩,৮১,৩২৬ হেক্টৰ মাটিৰ ভিতৰত ৭৭,৫৫০
হেক্টৰ অঞ্চলেই ১৯৮৯ চনলৈকে বেদখলকাৰীৰ কবলত আছিল। সেই বনাঞ্চলকেইখনত বেদখলকাৰী
নগা গাঁও ৮৭ খনৰ বিপৰীতে সন্দেহযুক্ত বিদেশীৰ গাঁও ৩৩১ খন। তাৰোপৰি ৮৭ খন গাঁৱত
নগালোকৰ সংখ্যা ১৮,৬২২ জনৰ বিপৰীতে বাকী ৩৩১ খন গাঁৱত ৮০,২৫৪ জন সন্দেহযুক্ত বিদেশী রেদখলকাৰী আছে।.….….….বৰ্তমানলৈকে
আৰু অতিৰিক্ত ২০০০ হেৰ বনাঞ্চল নগা আৰু অ-নগাই বেদখল কৰা বুলি জানিবপৰা গৈছে। এই
সন্দেহযুক্ত বিদেশীৰ অনুপ্ৰৱেশত নগালোকসকলে উৎসাহ যোগাইছে। কিয়নো নগাই ভৈয়ামৰ
মাটি দখল কৰিছে যদিও তেওঁলোকৰ ভৈয়ামত খেতি কৰাৰ অভিজ্ঞতা নাই। বাংলাদেশীহে এনে
কৃষিকৰ্মত পাৰ্গত। গতিকে (নগাই মাটি) বেদখল কৰি বাংলাদেশীক গতাই দিছে।
বাংলাদেশীসকলে ফচলৰ কিছু অংশ নগালোকসকলক দিব লাগে, সেইটোৱে হ'ল মৌখিক চুক্তি।
এই বেদখলকৃত মাটিৰ সন্দৰ্ভত ১০/০১/১৯৯২ তাৰিখৰ ‘দি চেণ্টিনেল’ত এটি
গুৰুত্বপূৰ্ণ লেখা প্রকাশ পাইছিল। লেখাটো আছিল এনে ধৰণৰ-‘অসম
চৰকাৰে যোৱা ১৯৮৪, ১৯৮৮, ১৯৯০ আৰু ১৯৯১
চনত এই বনাঞ্চলকেইখনৰপৰা সন্দেহযুক্ত বাংলাদেশী উচ্ছেদ কৰি মুঠ ৫৭০ হেক্টৰ মাটি
বেদখলমুক্ত কৰিছিল। কিন্তু অসম চৰকাৰৰ তিনিটা নিৰ্দ্দেশ মর্মে এই উচ্ছেদ কাৰ্য
বন্ধ ৰাখিব লগা হৈছে।
চৰকাৰে উচ্ছেদ কার্য বন্ধ কৰালৈ চাই এই লোসকল যে তাত বৈধ
ভাবেই বসবাস কৰি আছিল এই কথা উপলব্ধি কৰিবলৈ অসুবিধা নহয়। অৱশ্যে অসমৰ বহুতো
মুছলমান নগালেণ্ডলৈ গৈ বসবাস কৰি থকাটো সঁচা; সেই বুলি এই লোকসকলৰ মাজত যে এজনো বাংলাদেশী নাই তাত সন্দেহৰ অকণো অৱকাশ
নাই। কাৰণ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত বহুতো বৈধ নাগৰিক গৃহহীন হৈ নগালেণ্ডত
আশ্ৰয় লৈ খেতি- বাতি কৰি আছে।
আমেৰিকাত বসবাস কৰা প্রবাসী ভাৰতীয় দিলীপ দত্তই ‘খোচা-বিন্ধা বুৰঞ্জী'ত
অসম আন্দোলনৰ সময়ত বাংলাদেশৰপৰা বাংলাদেশী লোক আহি থলুৱা লোকৰ ওপৰত আক্রমণ
চলাইছিল বুলি মনেসজা লেখা প্ৰকাশ কৰিছে। লক্ষ্যণীয় যে, ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত লেখক হেনো
আমেৰিকাত আছিল। ভূক্তভোগী মাত্রেই কিন্তু প্রকৃত সত্য কি আছিল সেয়া জানে। এনেকুৱা
পক্ষপাতদুষ্ট উদ্দেশ্য প্রণোদিত লেখাৰ বহু উদাহৰণ আছে কিতাপৰ পাতে পাতে। এনেকুৱা
পক্ষপাতদুষ্ট লেখা আৰু মন্তব্যই অসমৰ শান্তি-সম্প্রীতিত ভাঙোন সৃষ্টি কৰিছে। এই
সম্পৰ্কে ‘প্ৰব্ৰজনৰ ভয়াৱহতা’ গ্ৰন্থৰ
লেখক শ্ৰী হেমচন্দ্ৰ শইকীয়াই আজিৰ অসম কাকতত প্ৰকাশিত এটি প্ৰৱন্ধত গুৰুত্বপূৰ্ণ মন্তব্য
কৰিছিল। তেওঁ লেখিছিল- বৰ্তমান অসমৰ সংকট কালত বৃহত্তৰ স্বাৰ্থৰ খাতিৰত পৰস্পৰৰ
মাজত লুকাই থকা ক্ষোভবিলাক উপলব্ধি কৰা প্রয়োজন। তেতিয়াহে অসমত দেখা দিয়া
গোষ্ঠীগত সংঘৰ্ষ পৰিহাৰ কৰি সকলোবিলাক জনগোষ্ঠীৰে ভাষা-সংস্কৃতি, অর্থনৈতিক অৱস্থাৰ সমবিকাশ তথা সকলোৰে মাজত সমন্বয় সাধনৰ যোগেদিহে এখন
নতুন অসমীয়া সমাজ গঠন প্রক্রিয়াত আমি সকলোৱেই আগবাঢ়িব পাৰিম। তাৰ কাৰণে অতীতত
হৈ যোৱা ভুলবিলাকৰপৰা শিক্ষা লোৱা দৰ্কাৰ। এইটো নিশ্চিত যে, গোষ্ঠীগত
সংঘাত অব্যাহত থাকিলে, তাৰ সুবিধা বিদেশী ৰাষ্ট্ৰৰ বিৰোধী
শক্তিবিলাকেহে গ্ৰহণ কৰিব আৰু অদূৰ ভৱিষ্যতে অসমৰ কি জনজাতি, কি অজনজাতি সকলোৱেই ভগনীয়া হোৱাৰ সম্ভাৱনা। গতিকে অসমখন দ্বিতীয় কাশ্মীৰ
হোৱাৰপৰা ৰক্ষা কৰিবৰ কাৰণে অসমত বাস কৰা প্ৰতিজন ভাৰতীয়ই পৰস্পৰৰ সকলো সংঘাত
পৰিহাৰ কৰি মাৰ বান্ধি থিয় হ’ব লাগিব। নতুবা বুৰঞ্জীয়ে
কাকো ক্ষমা নকৰিব। (আজিৰ অসম, ১৪ নৱেম্বৰ, ১৯৯২)।
কিছু পলমকৈ হ'লেও প্রকৃত ঘটনা উপলব্ধি কৰাৰ কাৰণে লেখক নিশ্চয় ধন্যবাদৰ পাত্ৰ।
।। অসম চুক্তি, গণ পৰিষদ চৰকাৰ আৰু খিলঞ্জীয়াৰ সংজ্ঞা।।
যি লাখ লাখ বিদেশীৰ গইনালৈ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ
কৰা হৈছিল সেয়া যে মাথোন শাসনৰ গাদী দখলৰ কাৰণে কৰা হৈছিল গণ পৰিষদ চৰকাৰৰ
পৰৱৰ্ত্তী কার্যকলাপে এই কথাকে উদঙাই দেখুৱাইছে। ৮৫৭ জন ছহিদৰ আত্মবলিদানৰ
বিনিময়ত ১৯৮৫ চনৰ ১৫ আগষ্টত আছু, গণ
সংগ্ৰাম পৰিষদ আৰু ভাৰত চৰকাৰৰ মাজত এখন ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। এই
চুক্তি সম্পাদন হোৱাৰ পাছত ছাত্রসন্থাৰ নেতাসকলে অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল
গঠন কৰি সোণৰ অসম গঢ়াৰ শ্লোগনেৰে ১৯৮৫ চনৰ নিৰ্বাচনত জয়ী হৈ শাসনৰ বাঘজৰী
চণ্ডালে। কিন্তু তেওঁলোকে প্ৰথমাৱস্থাত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ কাৰণে
কিছু কাম কৰিবলৈ লৈছিল যদিও শেষত গৈ সকলো প্ৰতিশ্ৰুতিৰ কথা পাহৰি নিজৰ আৰু অসম
আন্দোলনৰ লগত জড়িত কিছু সংখ্যক প্ৰভাৱশালী সহযোগিৰ স্বাৰ্থ পূৰণৰ বাবে তৎপৰ হৈ
উঠে।
খোচা-বিন্ধা বুৰঞ্জীত গণ পৰিষদ চৰকাৰৰ মন্ত্ৰীৰ প্ৰভাৱশালী
সহযোগিৰ বিষয়ে এনেদৰে লেখিছে- ‘কে’বা গৰাকী মন্ত্ৰীৰ লগত দুই চাৰিজন বন্ধু ছাঁৰ দৰে থাকি সেইসকলৰ মৰ্যদা
হানি কৰিছে আৰু তেনে দুই এজনে মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীৰ নামকৈ নানা তৰহৰ দুষ্কাৰ্য
কৰিছে। উদাহৰণ স্বৰূপে তেনে দুজনমানে মুখ্যমন্ত্ৰীৰ নাম কৈ কলিকতাৰ আছাম হাউচত
মুখ্যমন্ত্ৰীৰ কোঠাত জোৰকৈ থাকিবলৈ লৈ নানা উৎপাত কৰা বুলি বাতৰি ওলাইছিল। কোনোৱে
পাণবজাৰৰ মদৰ দোকানৰপৰা ডকা-হকাদি মদ লোৱা, মন্ত্ৰীৰ গাড়ীত
মেঘালয়ৰপৰা সঘনাই মদ কিনিবলৈ যোৱা, ৰাষ্ট্ৰপতিৰ নৈশ ভোজত
নিচাসক্ত হৈ দেখা দিয়া আদি নানা ধৰণৰ বাতৰি গুৱাহাটী দিছপুৰৰ বাটে-পথে শুনিবলৈ
পোৱা গৈছিল।'
১৯৮৬ চনৰ আমাৰ প্ৰতিনিধিৰ ৰঙালী বিহু সংখ্যাত প্রকাশ
পাইছিল- — শইকীয়া চৰকাৰৰ দিনত দুষ্কাৰ্য কৰা
মন্ত্ৰী-বিধায়ক আৰু আন্দোলনৰ সময়ত অসমীয়া ৰাইজৰ ওপৰত উৎপীড়ন কৰা বিষয়াসকলৰ
প্ৰতি বৰ্তমান চৰকাৰে প্ৰতিশোধমূলক মনোভাৱ নোলোৱাটো বৰ ভাল কথা হৈছে; কিন্তু তেনে কিছুমান লোকৰ পদোন্নতি কৰি গুৰুত্বপূৰ্ণ পদবী দিয়াটো আচৰিত
কথা হৈছে। উদাহৰণ স্বৰূপে ডুলিয়াজানত নিঃসহায় আন্দোলনকাৰীৰ ওপৰত গুলী চলোৱাৰ লগত
জড়িত পুলিচ বিষয়া পি, গোস্বামীক প্ৰশাসনৰ ডি, আই, জিৰ গুৰুত্বপূৰ্ণ পদবী কিয় দিয়া হৈছে?
১৯৮৬ চনৰ ২৯ জুনৰ অগ্ৰদূতত বঙাইগাঁও কলেজৰ প্ৰবক্তা যতীন
বৰুৱাৰ এটি লেখাত প্ৰকাশ পাইছিল- ‘আজি ছমাহ নৌহওঁতেই অসম গণ পৰিষদ দলৰ স্বয়ম্ভূ নেতাসকলে ব্যক্তিগত স্বাৰ্থ
পূৰণৰ বাবে উঠি-পৰি লাগি অসমৰ জনগণৰ মৌলিক সমস্যাসমূহৰ প্ৰতি অৱহেলা কৰাৰ উপৰিও
এচাম অসাধু ব্যৱসায়ীয়ে অসমত থাকি অসমৰ বজাৰত কৃত্রিম নাটনিৰ সৃষ্টি কৰি সংগতিহীন
ভাবে নিত্য অপৰিহাৰ্য বয়-বস্তুৰ মূল্য অসম্ভৱ ধৰণে বৃদ্ধি কৰা কাৰ্য নীৰৱে সহ্য
কৰি উপযুক্ত ব্যৱস্থা নোলোৱাকৈ থকা অগপ চৰকাৰৰ ভূমিকাই অসমীয়া ৰাইজক চিন্তান্বিত কৰি
তুলিছে।
বিদেশী বহিষ্কাৰ আন্দোলনৰ পটভূমি আৰু অগপ চৰকাৰৰ কাৰ্যকলাপ
সম্পর্কে নীলমণি সেন ডেকাই তেওঁৰ ‘কালক্ৰম’ নামৰ প্ৰৱন্ধ সংকলনত এইদৰে বিশ্লেষণ
আগবঢ়াইছে- ‘অগপ দলৰ মূল চালিকা শক্তি আছিল অসমীয়া
মধ্যবিত্ত সমাজৰ সমৰ্থন। অসমীয়া মধ্যবিত্তই তেওঁলোকৰ হাতত থকা ৰাজনৈতিক, আর্থিক ক্ষমতা বহিৰাগত-বিদেশী নাগৰিকে কাঢ়ি ল’ব
বুলি শংকিত হৈ পৰিছিল। এই শংকাৰ ফলত সৃষ্টি হোৱা আবেগৰ ফলতেই বিদেশী বিতাড়ন
আন্দোলন আৰম্ভ হৈছিল ছাত্ৰসন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত। সাধাৰণ কৃষক আৰু শ্রমিকে
তেওঁলোকৰ মতলব বুজিব নোৱাৰি আন্দোলনত জঁপিয়াই পৰিছিল। আন্দোলনৰ সময়ত তেওঁলোকৰ
বুকুৰ তেজেৰে ৰাঙলি হৈছিল ৰাজপথ। যেতিয়াই আন্দোলন দীঘলীয়া পথলৈ গতি কৰিলে,
এই মধ্যবিত্ত ধনিকশ্রেণীটোৱে নিজৰ অৰ্থনৈতিক ক্ষতিৰ শংকাত আন্দোলনকাৰীসকলক
আন্দোলন সমাপ্ত কৰাৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে। ইয়াৰ ফলতেই আন্দোলনৰ
পৰিসমাপ্তি ঘটিল কেন্দ্রীয় চৰকাৰৰ লগত সম্পাদিত চুক্তিৰ মাধ্যমেৰে। লগে লগে
অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে নিজৰ অৰ্থনৈতিক স্বার্থ পূৰ্ণ কৰাৰ অৰ্থে আন্দোলনকাৰীসকলক
উচটালে আঞ্চলিক দল গঠন কৰাৰ বাবে। ফলত জন্ম হ'ল অসম গণ পৰিষদ
দলৰ। এইবাৰো মধ্যবিত্ত সমাজে অগপক ক্ষমতালৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে
যাতে তেওঁলোকে চৰকাৰখনক নিজৰ স্বাৰ্থত পৰিচালনা কৰিব পাৰে আৰু সুবিধাসমূহ গ্ৰহণ
কৰিব পাৰে। প্রথম পাঁচ বছৰ অগপ চৰকাৰখন আছিল ধনী আৰু মধ্যবিত্তক প্রতিনিধিত্ব কৰা
চৰকাৰ। ফলত দুখীয়া সাধাৰণ অসমীয়া মানুহৰ ভাত-কাপোৰ, স্বাস্থ্য,
শিক্ষাৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকিল। উন্নতিৰ নামত প্ৰথমবাৰৰ বাবে
অসমৰ ৰাজনৈতিক ইতিহাসত এল, ও, চি তথা
চাউল-পিয়াজৰ ঐতিহাসিক কেলেংকাৰী সংঘটিত হ’ল। এই নিকৃষ্ট
কাণ্ড-কাৰখানাত সংপৃক্ত হ’ল অসম আন্দোলনৰ সময়ৰ নয়নৰ মণি
তথাকথিত যুৱমন্ত্ৰী আৰু এইসকলক নাকত ধৰি চাকত ঘূৰোৱা বৰ বৰ বিষয়াসকল। ফাঁচী বজাৰৰ
চিকিৰিয়াহঁতৰ নিৰ্দ্দেশত চৰকাৰখনে উঠা-বহা আৰম্ভ কৰিলে।
উপৰোল্লিখিত
লেখাসমূহ প্ৰকাশ হোৱাৰ পাছত অগপ চৰকাৰৰ কাৰ্য-কলাপসমূহ জনসাধাৰণৰ দৃষ্টিগোচৰ হয়
আৰু চৰকাৰখনে নিজৰ দোষ ঢাকিবলৈ তৎপৰ হৈ উঠে। লগে লগে ভোটাৰ তালিকাৰপৰা যধে-মধে
বাংলাভাষী হিন্দু-মুছলমানৰ নাম কৰ্ত্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু ২ লাখ ৭৬
হাজাৰৰো অধিক লোকক বিদেশীৰ জাননী দিয়ে। কিন্তু লক্ষ্যণীয় যে, অগপ চৰকাৰৰ দহ বছৰীয়া শাসন কালত ১৯৮৫ চনৰপৰা
'৯০ চনলৈ ৭৪২ জন আৰু ১৯৯৬ চনৰপৰা ২০০০ চনলৈ ১৭৯ জন লোককহে
অসমৰপৰা বহিষ্কাৰ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছ চৰকাৰে ১৯৯০চনৰপৰা ১৯৯৬ চনলৈ ১২৫০ জন,
২০০১ চনৰপৰা ২০০৭ চনলৈ ৭ জন আৰু ২০০৭ চনৰপৰা ২০১০ চনলৈ ১০৪ জন লোকক
অসমৰপৰা খেদি পঠিয়াবলৈ সক্ষম হয়। লক্ষ্যণীয় যে, ২০০১
চনৰপৰা ২০০৭ চনলৈ মাথোন ৭ জন বাংলাদেশীক বহিষ্কাৰ কৰিবলৈ খৰচ হৈছিল প্রায় চাৰিশ
কোটি টকা। (উৎস- গোহাৰি পত্ৰ প্ৰাগজ্যোতিষপুৰীয়া খিলঞ্জীয়া মুছলমান উন্নয়ন
পৰিষদ, অসম)। আশানুৰূপ ভাবে বিদেশী বহিষ্কাৰ কৰিবলৈ সক্ষম
নোহোৱাত ৩ লাখ ভোটাৰক সকলো ধৰণৰ নাগৰিক অধিকাৰৰপৰা বঞ্চিত কৰিবলৈ ভোটাৰ তালিকাত ‘ডি’ ভোটাৰ হিচাপে দেখুৱা হ’ল।
এই ‘ডি’ ভোটাৰৰ ৮০ শতাংশই ধর্মীয়
সংখ্যালঘু মুছলমান। বাকী ২০ শতাংশ নিম্নবৰ্ণৰ বাঙালী হিন্দু আৰু অন্যান্য
সম্প্ৰদায়ৰ লোক। পঁচিছ ত্ৰিছ বছৰ ধৰি চৰকাৰী চাকৰি কৰি থকা বিষয়া-কৰ্মচাৰীৰ নামো
আছে এই ‘ডি’ ভোটাৰ তালিকাত। এই ‘ডি’ ভোটাৰ তালিকাত থকা সৰহ সংখ্যকৰে ভাৰতীয়
নাগৰিকত্বৰ বৈধ তথ্য আছে। এই কথা অসমৰ মাননীয় মুখ্যমন্ত্রী শ্ৰীযুত তৰুণ গগৈৰ
স্বীকাৰোক্তিৰ পৰাও স্পষ্ট হৈ পৰিছে। বিগত ২০১১ চনৰ অসম বিধান সভাৰ শীতকালীন
অধিবেশনত হাজাৰ হাজাৰ ‘ডি’ ভোটাৰৰ ৯০
শতাংশই ভাৰতৰ বৈধ নাগিৰিক বুলি তেওঁ বিধান সভাৰ মজিয়াত স্বীকাৰ কৰিছে। ভাৰতীয়
সেনা বাহিনীত কৰ্মৰত গুৱাহাটীৰ মালিগাঁৱৰ প্ৰসেনজিৎ দেৱৰ নাম ‘ডি’ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হোৱা ঘটনাই এই কথাৰ
সত্যতাকে প্ৰমাণ কৰিছে। একমাত্র হাৰাশাস্তিৰ কাৰণেই যে পৰিকল্পিত ভাবে এইসকল লোকৰ
নাম ‘ডি’ ভোটৰ তালিকাভূক্ত কৰা হৈছে এই
কথা ইয়াৰপৰা জজল্ পট্পট্কৈ ওলাই পৰিছে।
নানা ধৰণে হাৰাশাস্তি কৰাৰ পাছতো আশানুৰূপ ধৰণে বাংলাদেশী
সজাব নোৱাৰি বৰ্তমান অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত বাংলাভাষী হিন্দু-মুছলমানক
সকলো প্ৰকাৰ সুবিধাৰপৰা বঞ্চিত কৰাৰ কাৰণে বিভিন্ন দল-সংগঠন উঠি-পৰি লাগিছে আৰু
অসমীয়াৰ সংজ্ঞালৈ ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনৰ মাজত বিতৰ্কৰ সূচনা হোৱা
পৰিলক্ষিত হৈছে। কাৰণ
এই সংজ্ঞাৰ মাজতে ঐতিহাসিক অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰাসংগিকতা নিহিত হৈ আছে। অসম
চুক্তিৰ ৬ নম্বৰ দফাত অসমীয়া মানুহৰ সাংবিধানিক সুৰক্ষাৰ কথা এনেদৰে উল্লেখ আছে- Constitutional Legislative and administrative safegaurd,
as may be appropriate, shall be provided to pro- tect,
preserve and promote the Cultural, Social Linguistic identity and heritage of
the Assamese People. অর্থাৎ অসমীয়া মানুহৰ সাংবিধানিক, আইনী ব্যৱস্থাপনা, প্রশাসন পৰিচালনা, সাংস্কৃতিক, সামাজিক আৰু ভাষিক সুৰক্ষা প্রদান তথা
সংৰক্ষণৰ কথা কোৱা হৈছে। অসম চুক্তিৰ এই ৬ নম্বৰ দফাৰ সুবিধাসমূহ ভোগ কৰাৰ কাৰণে
দাবী উত্থাপন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমত বসবাস কৰি থকা কোনসকল অসমীয়া
অর্থাৎ কোনসকল মানুহৰ কাৰণে ৬ নম্বৰ দফাৰ সুবিধাসমূহ সংৰক্ষণ কৰা হ’ব তাৰ তথ্য বিচাৰিলে । চমুকৈ ক’বলৈ গ'লে অসমীয়াৰ সংজ্ঞা বিচাৰিলে । কিন্তু অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গৈ
আউল লাগিল। অসম সন্মিলিত সাহিত্য সভা মঞ্চই ১৬ টা সংগঠনৰ লগত লগ লাগিও অসমীয়াৰ
সংজ্ঞা নির্ণয় কৰিবলৈ ব্যৰ্থ হ’ল। কাৰণ অসমখন বহু
ভাষা-ভাষীৰ দেশ। অসমত বসবাস কৰি থকা বহু জনগোষ্ঠীৰ মাতৃভাষা অসমীয়া নহয়। সেয়ে
মাথোন অসমীয়া ভাষা কোৱা জনগোষ্ঠীক অসমীয়াৰ অন্তৰ্ভূক্ত কৰিলে বহু জনগোষ্ঠী অসমীয়াৰ
সংজ্ঞাৰপৰা বঞ্চিত হ’ব। আনহাতে অসমত বসবাস কৰি থকা সকলো
জনগোষ্ঠীক অসমীয়াৰ সংজ্ঞাভুক্ত কৰিলেও অসম চুক্তিৰ
৬ নম্বৰ দফাৰ প্ৰাসংগিকতাই নোহোৱা হ'ব। সেয়ে অসম সন্মিলিত সাহিত্য সভা মঞ্চই অসমীয়াৰ সংজ্ঞাৰ পৰিৱৰ্ত্তে
খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে চূড়ান্ত সংশোধনী প্রস্তাৱ আগবঢ়ালে।
অসম সন্মিলিত সাহিত্য সভা মঞ্চই খিলঞ্জীয়াৰ সংজ্ঞা
নিৰ্ধাৰণ কৰিলে এনেদৰে- ঐতিহাসিক কালৰপৰা যুগ যুগ ধৰি যিসকল লোক এই ভূ-খণ্ডত বসবাস
কৰি আহিছে, বিভিন্ন সময়ৰ অসমৰ
বায়ু, পানী, মাটি, জনজীৱন, থলুৱা সংস্কৃতিৰ সৈতে একাত্ম হৈ বিলীন হৈ
গৈছে আৰু অসমৰ বৃহত্তৰ সমাজে ইতিমধ্যে যিসকলক গ্ৰহণ কৰি লৈছে সেইসকলেই খিলঞ্জীয়া৷
এই খিলঞ্জীয়াৰ সংজ্ঞা অসম সন্মিলিত সাহিত্য সভা মঞ্চই ৩০/০৯/২০০৫ তাৰিখে গৃহীত
কৰি ০১/১০/২০০৫ তাৰিখে চৰকাৰৰ ওচৰত দাখিল কৰিলে। কিন্তু এই থলুৱা সংস্কৃতি কোন জনগোষ্ঠীৰ
আৰু কোনসকল মানুহক বৃহত্তৰ সমাজে গ্ৰহণ কৰিছে সেই বিষয়ে কোনো তথ্য নথকাৰ ফলত
সংজ্ঞাটো দ্ব্যৰ্থবোধক হৈ পৰিল। সেয়ে এই দ্ব্যর্থবোধক সংজ্ঞা কেন্দ্ৰীয় চৰকাৰে
গ্ৰহণ নকৰিলে।
অসম সন্মিলিত সাহিত্য সভা মঞ্চৰ এই দ্ব্যর্থবোধক সংজ্ঞাৰ
সুযোগ লৈ অসম সন্মিলিত খিলঞ্জীয়া মহাসংঘই ২০০৭ চনৰ ২২ আৰু ২৩ ডিচেম্বৰত বহা
দুদিনীয়া অধিবেশনত বিশেষ কিছুমান জাতি-গোষ্ঠীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াণ্ডাবু
সন্ধি অৰ্থাৎ ১৮২৬ চনৰ আগৰপৰা অসমত বসবাস কৰি থকা জনগোষ্ঠীসমূহক খিলঞ্জীয়াৰ
অন্তৰ্ভূক্ত কৰিলে। এই সংজ্ঞা যে উদ্দেশ্য প্রণোদিত ইয়াত সন্দেহৰ কোনো অৱকাশ নাই।
কাৰণ এই সংজ্ঞাৰ জৰিয়তে সোতৰ শতিকাৰপৰা ঊনৈছ শতিকালৈ প্ৰব্ৰজন কৰি অহা পাৰস্য
সভ্যতাৰ শিখসকলক খিলঞ্জীয়াৰ অন্তৰ্ভুক্ত কৰিছে যদিও প্ৰব্ৰজনৰ দোহাই দি পাঁচ ছয়
হাজাৰ বছৰ আগৰপৰা প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিত বসবাস কৰি থকা দ্ৰাবিড় সভ্যতাৰ
একাংশ বাংলাভাষী হিন্দু আৰু মুছলমান জনগোষ্ঠীৰ লগতে চাহ বনুৱাসকলক খিলঞ্জীয়াৰ
সংজ্ঞাৰপৰা বাদ দিছে।
এই খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদ পৰা জনগোষ্ঠীসমূহৰ কি হ’ব? অসম চুক্তি অনুসৰি
খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদপৰা সকল ৰাজনৈতিক, অর্থনৈচিতক,
সামাজিক, সাংস্কৃতিক আদি সুবিধাৰপৰা বঞ্চিত হ’ব। অর্থাৎ কোনো ধৰণৰ নিৰ্বাচনত অংশ গ্রহণ কৰিব নোৱাৰিব, চৰকাৰী চাকৰি-বাকৰি দাবি কৰিব নোৱাৰিব, মাটিৰ
মালিকানা স্বত্ত্ব হেৰুৱাব, ঠিকা-ঠুকুলি লাভৰপৰা বঞ্চিত হ’ব, কোনো ধৰণৰ লাইচেঞ্চ আদি নাপাব। আন এটা
গুৰুত্বপূৰ্ণ কথা হ’ল, খিলঞ্জীয়াৰ
সংজ্ঞাৰপৰা বাদপৰাৰ লগে লগে যিসকলে চাকৰি-বাকৰি কৰি আছে তেওঁলোকক বাধ্যতামূলকভাবে
চাকৰিৰপৰা আজৰাই দিয়া হ’ব, যিসকলৰ
ঠিকা-ঠুকলিৰ লাইচেঞ্চ আছে সেইবোৰ বাতিল কৰা হ’ব। অর্থাৎ
খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদপৰা সকল দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈ দাসৰ দৰে
জীৱনপাত কৰিব লাগিব। কাৰণ যেহেতু অসম চুক্তিৰ ৬ নম্বৰ দফা মতে একমাত্র
খিলঞ্জীয়াসকলৰ বাবেহে সাংবিধানিক, আইনী ব্যৱস্থাপনা,
প্রশাসন পৰিচালনা, সাংস্কৃতিক, সামাজিক আৰু ভাষিক সুৰক্ষা প্রদান তথা সংৰক্ষণৰ কথা কোৱা হৈছে।
তদুপৰি খিলঞ্জীয়া মহাসংঘই চন তাৰিখৰ ভিত্তিত যি
খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে সেয়াও বিতর্কিত। কাৰণ ইয়াণ্ডাবু সন্ধিৰ আগত অসম
নামৰ কোনো অস্তিত্বই নাছিল। অসম নামৰ উৎপত্তি সৌসিদিনাৰহে। তথাপিও অসম নামৰ
উৎপত্তি সম্পর্কেও মতভেদ আছে। ইয়াণ্ডাবু সন্ধিৰ আগলৈকে অর্বাচীন অসমৰ ভূমিভাগ
প্রাগজ্যোতিষ-কামৰূপ আৰু শেষৰ পৰ্যায়ত কোঁচ-কমতা, আহোম, খৈৰাম, জয়ন্তীয়া, কছাৰী আৰু ডিমৰীয়া ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল বুলি জনা যায়। (এই তথ্য ষোড়শ শতিকাৰ কোঁচ আৰু আহোম ৰাজ্যৰ মানচিত্ৰৰপৰা
লোৱা হৈছে)। এই সময় ছোৱাত অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ আগলৈকে ক’তো অসম নামৰ উল্লেখ থকা দেখা নাযায়। গতিকে
নিৰ্দ্দিষ্ট নাম আৰু সীমাৰ অস্তিত্ব নথকা কোনখন ভূখণ্ডৰ কোন বিলাক মানুহক
খিলঞ্জীয়াৰ অন্তৰ্ভূক্ত কৰা হ’ল সেয়াও এক বিতর্কিত বিষয়।
আনহাতে বিশ্ব সাহিত্যৰ ইতিহাসেও এই সংজ্ঞা সমৰ্থন নকৰে।
কাৰণ বিশ্ব সাহিত্যৰ ইতিহাসে খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয়
কৰিছে এনে ধৰণে- যিসকল এডোখৰ ভূমিৰ প্ৰথম মানুহ তেওঁলোক বা তেওঁলোকৰ সমসাময়িক
জাতি সম্প্রদায় একেলগে বসবাস কৰি আছিল, আজিও আছে অথচ তেওঁলোকৰ ভূমিত তেওঁলোক ৰাজনৈতিক, অর্থনৈতিক
আৰু প্ৰশাসনিক ক্ষমতা আদিৰপৰা বঞ্চিত। অথচ তেওঁলোকৰ ভাষা, ধর্ম,
সংস্কৃতি আজিও আছে আৰু সেইবোৰ তেওঁলোকৰ পৰৱৰ্ত্তী সন্ততিৰ ওপৰত
দায়ৱদ্ধতাৰে অৰ্পণ কৰিবলৈ দৃঢ় প্রতিজ্ঞ তেওঁলোকেই তাৰ খিলঞ্জীয়া অধিবাসী। (আন্তর্জাতিক
শ্রম সংস্থাৰ আদিবাসীৰ সংজ্ঞাৰ লগত এই সংজ্ঞাৰ মিল আছে।) সর্বজন গ্রহণযোগ্য
সাহিত্যৰ ইতিহাসৰ এই খিলঞ্জীয়াৰ সংজ্ঞা বাদ দি বিশেষ জাতি- গোষ্ঠীৰ স্বাৰ্থত
উদ্দেশ্য প্রণোদিত ভাবে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গ'লে সেয়া কেতিয়াও সর্বজন গ্রহণযোগ্য নহ’ব। বৰং
সমস্যা অধিক জটিল হোৱাৰ সম্ভাৱনাইহে দেখা দিব। কোন আগত আৰু কোন পিছত আহিছে এনেকুৱা
ইতিহাসৰ জৰিয়তেও অসমত খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয় কৰা সম্ভৱ নহয়। সেয়ে অসমত
খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয় কৰিবলৈ হ’লৈ পোনতে অসম নামৰ এই
ভূখণ্ডৰ প্ৰাচীন সীমাৰ লগতে সেই প্রাচীন ভূখণ্ডৰ সৰ্বপ্রথম বংশজাত কোনসকল মানুহ
আছিল সেয়া আগতে নিৰ্ধাৰণ কৰিব লাগিব।
আগতেই উল্লেখ কৰি অহা হৈছে যে, বৰ্তমান অসমৰ ভূমিভাগ প্রাচীন কালত
প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিৰ অন্তৰ্ভূক্ত আছিল। ১৭০০ খ্ৰীষ্টপূৰ্বত মহিৰংগ দানৱ
নামৰ ৰজা এগৰাকীয়ে পোনপ্ৰথমে কামৰূপত ৰাজত্বৰ পাতনি মেলিছিল বুলি এডৱাৰ্ড গেইট
চাহাবে অসম বুৰঞ্জীত উল্লেখ কৰিছে। মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশধৰ হতক অসুৰ,
সম্বাসুৰ আৰু ৰত্নাসুৰে কামৰূপত ৰাজত্ব কৰিছিল বুলি জনা যায়। দানৱ আৰু
অসুৰ শব্দৰপৰা তেওঁলোক অনাৰ্য আছিল বুলিও ঠাৱৰ কৰা হৈছে। এই ৰজা কেইজনৰ পাছত
খ্ৰীষ্টপূৰ্ব ১৬০০ শতিকাত ঘটক কিৰাত কামৰূপৰ সিংহাসনত আৰোহণ কৰে। (কিৰাত শব্দৰ পৰা
কলিতা শব্দৰ উৎপত্তি হোৱা বুলি বহুতে অনুমান কৰে।) ১৫০০ খ্ৰীষ্টপূর্বত নৰকাসুৰে
ঘটক কিৰাতক হত্যা কৰি কামৰূপৰ সিংহাসনত আৰোহণ কৰে। নৰকাসুৰৰ পাছত তেওঁৰ পুতেক
ভগদত্ত আৰু পুষ্পদত্তই ৰাজত্ব কৰে। পুৰাণ আৰু তন্ত্ৰসমূহৰ মতে নৰকাসুৰৰ ৰাজ্যৰ
সীমা পশ্চিমে কৰতোৱা আৰু পূবে ডিক্ৰং নৈলৈ বিস্তৃত আছিল বুলি জনা যায়।
খ্ৰীষ্টীয় প্রথম শতিকাত ভৌমবংশৰ পুষ্যবর্মণে কামৰূপত বৰ্মণ
বংশৰ ৰাজত্বৰ পাতনি মেলিছিল বুলি জনা যায়। এই বৰ্মণ বংশই কুমাৰ ভাস্কৰ বৰ্মণৰ
দিনলৈ অৰ্থাৎ ৬৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। পুষ্যবর্মণ আলপাইন গোষ্ঠীৰ লোক
আছিল বুলি আৰ্যসকলে তেওঁক ম্লেচ্ছ বুলিছিল। বৰ্মণ বংশৰ পাছত শালস্তম্ভ বংশৰ ২১
গৰাকী ৰজাই ৬৫০ খ্ৰীষ্টাব্দৰপৰা ৯৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ
ৰাজত্ব কালত অষ্টম শতাব্দীৰ পাছত কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত হয়। কৰতোৱাৰপৰা
বৰ্তমানৰ মানকাচাৰলৈ বিস্তৃত অঞ্চলৰ নাম আছিল ৰত্নপীঠ। বর্তমান বাংলাদেশৰ
ভূমিভাগেই আছিল তাহানিৰ ৰত্নপীঠ। মানকাচাৰৰপৰা ৰূপিকা (বৰ্তমানৰ ৰূপহী নদী) নদীলৈ
বিস্তৃত ভূমিভাগৰ নাম আছিল কামপীঠ। ৰূপহী নদীৰপৰা বৰ্তমানৰ তেজপুৰৰ কিছু পূব
ফালেদি থকা ভৈৰৱী নদীলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল স্বর্ণপীঠ আৰু ভৈৰৱী নদীৰপৰা
দিক্কৰ বাসিনী(বৰ্তমানৰ দিকৰাই) নদীলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল সৌমাৰ
পীঠ।(আহোমসকলে এই সৌমাৰপীঠতে ১২২৮ খ্রীষ্টাব্দত আহোম ৰাজ্যত্বৰ পাতনি মেলিছিল)। ধর্মান্তৰিত মুছলমান আৰু নিম্নবৰ্ণৰ
হিন্দুসকল ব্ৰিটিচৰ ৰাজত্বকালত ৰত্নপীঠৰ ভূমিৰপৰা আন্তঃপ্ৰব্ৰজন কৰি অর্বাচীন
অসমৰ ভূমিভাগলৈ উঠি আহিছিল। গতিকে নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰিলে নিন্মবর্ণ হিন্দু
আৰু ধর্মান্তৰিত মুছলমানসকলৰ লগতে চাহ জনগোষ্ঠীৰ লোকহে এই ভূমিভাগৰ প্ৰকৃত খিলঞ্জীয়া
মানুহ৷ গতিকে বিশেষ উদ্দেশ্য আগত ৰাখি এওঁলোকক বাদ দি খিলঞ্জীয়াৰ সংজ্ঞা
নিৰ্দ্ধাৰণ কৰিবলৈ গ'লে সেয়া
কেতিয়াও গ্রহণযোগ্য নহ'ব। ইয়াত আন এক সমস্যাৰহে সৃষ্টি হ’ব।
লক্ষ্যণীয় বিষয় হ’ল, অসম সন্মিলিত খিলঞ্জীয়া মহাসংঘৰ খিলঞ্জীয়াৰ
সংজ্ঞা কেন্দ্ৰীয় চৰকাৰে এতিযালৈকে গৃহীত নকৰিলেও প্ৰকাৰন্তৰে অসমত অঘোষিত ভাবে
খিলঞ্জীয়াৰ ৰাজনীতি আৰম্ভ হৈছে বুলি ধাৰণা কৰিব পাৰি। কাৰণ ভৈয়ামৰ নিম্নবৰ্ণৰ
বাংলাভাষী হিন্দু আৰু ধর্মান্তৰিত মুছলমানক চাকৰি-বাকৰিৰ ক্ষেত্ৰত পৰিকল্পিত ভাবেই
বঞ্চিত কৰি অহা হৈছে। কাৰণ য’ত প্রায় ২৫ শতাংশ ধর্মান্তৰিত
মুছলমান তাত বিগত তিনি চাৰি বছৰত শতকৰা পাঁচ শতাংশ লোকেও চৰকাৰী চাকৰি পোৱা নাই।
এইদৰে বৈষম্যৰ ৰাজনীতি চলি থকাত ইতিমধ্যেই মুছলমানসকলৰ মনত কিছু ক্ষোভ সঞ্চাৰ
হৈছে। যাৰ ফলত নিজৰ মাতৃভাষা অসমীয়াৰ পৰিৱৰ্ত্তে বাংলা লেখিবলৈ লোৱা পৰিলক্ষিত
হৈছে। ফলত ১৯৭১ চনৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা শতকৰা ৬০.৮৯ জন আছিল যদিও ১৯৯১
চনৰ লোকপিয়লত সেয়া শতকৰা ৫৭ লৈ হ্রাস পাইছিল। ২০০১ চনৰ লোক পিয়লত এই সংখ্যা
শতকৰা ৪৮ লৈ হ্ৰাস পাইছে বুলি জনা যায়। ২০১১ চনৰ ভাষা ভিত্তিক তথ্য এতিয়ালৈকে
প্ৰকাশ পোৱা নাই যদিও এই সংখ্যা শতকৰা ৩০ তকৈও কম হ’ব পাৰে
বুলি বহুতে অনুমান কৰে। এইদৰে অসমীয়া ভাষীৰ সংখ্যা হ্রাস পাই থাকিলে ভৱিষ্যতে
অসমীয়া ভাষাৰ পৰিণতি কি হ’ব সেয়া ভবিতব্যইহে ক'ব পাৰিব। এই অসমীয়া ভাষা হ্ৰাসৰ ক্ষেত্ৰত বাংলাভাষী একাংশ মানুহৰ
চক্ৰান্ত থাকিব পাৰে বুলিও দুই চাৰিজনে অনুমান কৰে। গতিকে অসম তথা অসমীয়া ভাষা
ভালপোৱা প্ৰতি গৰাকী অসমীয়া সজাগ হ’বৰ হৈছে। জোঁৰ পুৰি হাত
পোৱাৰ আগতেই এই বাংলাদেশী শব্দটোৰ অন্তৰালৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰা প্রয়োজন।
২০১১ চনৰ লোক পিয়লৰ তথ্য অনুসৰি বৰ্তমান অসমত ৯০ লাখ মান
বাংলাভাষী ধর্মান্তৰিত মুছলমান আছে বুলি জনা যায়। ইয়াৰে ৪০/৪৫ লাখমান বাংলাদেশী
বুলি সততে কোৱা শুনা যায়। যদি এই তথ্য সঁচা বুলি ধৰা হয় তেনেহ’লে ‘প্ৰব্ৰজনৰ
ভয়াৱহতা’ নামৰ গ্ৰন্থত উল্লেখ থকা ১৯১১ চনৰ লোক পিয়লত
অন্তৰ্ভূক্ত হোৱা ২,৫৫,৩২০ জন, ১৯২১ চনৰ লোক পিয়লত অন্তৰ্ভূক্ত হোৱা ৫,৮৫,৯৪৩ জন,
১৯৩১ চনৰ লোক পিয়লত অন্তৰ্ভূক্ত হোৱা ৯,৪৩,৩৫২ জন, ১৯৫১ চনৰ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱা ১৫ লাখ আৰু ১৯৭১ চনৰ লোক পিয়লত
অন্তৰ্ভূক্ত হোৱা 35,92,12৪ জন মুছলমান আৰু সিহঁতৰ সন্তান-সন্ততি ক’লৈ গ'ল?
স্বাধীনোত্তৰ কালত গোষ্ঠী সংঘৰ্ষৰ কাৰণে পাকিস্থানলৈ গুচি
যোৱাৰ ফলত যি ৪/৫ লাখ নুহৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত
হোৱা নাছিল সেইসকল মুছলমান আৰু সিহঁতৰ সন্তান-সন্ততি কলৈ গ'ল? বাৰিষা কালত
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হোৱাৰ ফলত অসূচল যাতায়ত ব্যৱস্থাৰ কাৰণে ১৯৫১
চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিসকলৰ নাম অন্তর্ভূক্ত হোৱা নাছিল, যিসকলৰ কাৰণে লাইন প্ৰথা প্ৰৱৰ্ত্তন কৰা হৈছিল, যিসকলক
মোলান চাহাবে শগুণৰ লগত তুলনা কৰিছিল, যিসকলক অধিক শস্য
উৎপাদনৰ কাৰণে আন্তঃপ্ৰব্ৰজনৰ কাৰণে উৎসাহিত কৰা হৈছিল, যিসকলৰ
কাৰণে ১৯৩৯ চনৰ বিদেশী আইন প্রণয়ন কৰা হৈছিল সেইসকল মুছলমান আৰু সিহঁতৰ সন্তান- সন্ততি
ক’লৈ গ’ল?
এইটো ঠিক যে, যিসকল মানুহ ব্রিটিচ শাসন কালত প্রাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ ৰত্নপীঠৰপৰা
কামপীঠ আৰু স্বৰ্ণপীঠলৈ আন্তঃপ্ৰব্ৰজন কৰি আহিছিল সেই সকলৰ মানুহৰ ১ শতাংশও
বর্তমান জীৱিত নাই। সিহঁতৰ সন্তান-সন্ততিসকল জন্মসূত্রে বর্তমান ভাৰত তথা অসমৰ নাগৰিক।
কাৰণ এওঁলোকৰ জন্ম অসমত। বাংলাদেশ দেখিবলৈ কেনেকুৱা এই বিষয়ে সিহঁতৰ মুঠেই ধাৰণা
নাই। এওঁলোকে অন্যান্য অসমীয়া মানুহৰ দৰেই অসমখনক ভালপায়। অসমকলৈ গৌৰৱ অনুভৱ
কৰে। অসমীয়া ভাষা-সংস্কৃতিক মনে-প্রাণে আদৰি লৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত
লেখা-পঢ়া শিকিছে। অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিছে। কিন্তু এওঁলোকক যেতিয়া
বাংলাদেশী বুলি উপলুঙা কৰা হয়, সন্দেহযুক্ত বাংলাদেশী সজাই ‘ডি’ ভোটাৰ কৰা হয়, বাংলাদেশী
সন্দেহত পি, আৰ, চি বাহিৰ কৰাৰ সময়ত
হাৰাশাস্তি কৰা হয় তেতিয়া এওঁলোকৰ মনত স্বাভাৱিকতে ক্ষোভ উদয় হয়। প্রকৃত
খিলঞ্জীয়া হোৱা সত্ত্বেও যেতিয়া খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদ দিয়া হয় তেতিয়া এওঁলোকৰ
মনত কি প্রতিক্রিয়া হয় এই কথা কোনেও উপলব্ধি কৰাৰ প্ৰয়োজনবোধ নকৰে। নিজৰ
জন্মভূমিক ভালপোৱাৰ অধিকাৰ সকলোৰে আছে। জন্মভূমিকলৈ গৌৰৱ কৰাৰো অধিকাৰ আছে। গাৰ
বলেৰে কোনেও কাকো সেই অধিকাৰৰপৰা বঞ্চিত কৰিব নোৱাৰে। কাৰণ ইতিহাস কোনেও সৃষ্টি
কৰিব নোৱাৰে, ইতিহাস নিজে নিজেই সৃষ্টি হয়। সেই ইতিহাস
কোনোবাই বিকৃত কৰিব বিচাৰিলে সময়ে কেতিয়াও সিহঁতক ক্ষমা নকৰে। সেয়ে বিশেষ বিশেষ
জনগোষ্ঠীক খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদ দিয়াৰ কাৰণে ইতিহাস বিকৃতিৰ দৰে ঘৃণণীয় কাৰ্য
কৰিব খুজিলে সেয়া কেতিয়াও সময়োপযোগী হ’ব নোৱাৰে। সেই
কাৰ্যই সাময়িক কিবা পৰিৱৰ্ত্তন আনিব পাৰিলেও সেয়া কেতিয়াও চিৰস্থায়ী সমাধান হ’ব নোৱাৰে। তেনে অপচেষ্টাৰ ফল ইতিমধ্যে অসমৰ ৰাইজে প্রত্যক্ষ কৰিছে।
অসমীয়া ভাষা বলপূর্বক জাপি দিয়াৰ প্ৰৱণতাৰ ফলত সাংস্কৃতিক
আৰু ভাষিক প্রাধান্য হেৰুৱাৰ ভয়ত ১৯৬০ চনত নগাসকল অসমৰপৰা বিচ্ছিন্ন হৈ ১৯৬৩ চনৰ
১ জানুৱাৰীত পৃথক নগালেণ্ড ৰাজ্য গঠন কৰিছে। একে কাৰণতে ১৯৭২ চনৰ ২১ ফেব্ৰুৱাৰীত
মেঘালয় ৰাজ্যৰ অভিষেক হৈছে। বড়োসকলে স্বায়ত্ব শাসন লাভ কৰাৰ পাছতো ভাষিক আৰু
সাংস্কৃতিক প্রাধান্য হেৰুৱাৰ ভয়ত পৃথক বড়োলেণ্ড দাবি কৰি ৰাজ্যখন উত্তাল কৰি
ৰাখিছে। কোঁচ-ৰাজবংশীসকলে পৃথক কমতাপুৰ ৰাজ্যৰ দাবিত আন্দোলন আৰম্ভ কৰিছে। একমাত্র
বাঙালী মূলৰ ধর্মান্তৰিত মুছলমানসকলে নিজৰ ভাষা-সংস্কৃতিৰ মোহ ত্যাগ কৰি নানা ধৰণে
শোষিত, বঞ্চিত, নির্যাতিত ও
অৱহেলিত হৈয়ো অসমীয়া মূল সুঁতিৰ লগত মিলি যাবলৈ এতিয়াও টেষ্টা অব্যাহত ৰাখিছে।
যি সময়ত মূল অসমীয়া ভাষীসকলে অসমীয়া ভাষাৰ ফালে পিঠি দি নিজৰ সন্তানক ইংৰাজী
মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছে, সেই সময়ত বাংলাভাষী মুছলমানে
নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ
জীয়াই ৰাখিছে। কিন্তু এইবোৰ ত্যাগৰ সলনি পুৰস্কাৰৰ পৰিৱৰ্ত্তে সদায় তিৰস্কৃতহে হ’ব লগা হৈছে এইসকল মুছলমানে। বংলাদেশীসকলে নিলর্জ্জৰ দৰে অসমীয়া বুলি
পৰিচয় দি অসমীয়া হ'ব বিচাৰিছে, এনেকুৱা
মন্তব্যও কৰিবলৈ কুণ্ঠাবোধ কৰা নাই উগ্র জাতীয়তাবাদীসকলে। উগ্র জাতীয়তাবাদীসকলৰ
এই মন্তব্য সঁচাকৈয়ে দুৰ্ভাগ্যজনক। এনেকুৱা মন্তব্যই জাতীয় সংহতিৰ বাটত হেঙাৰ হৈ
থিয় দিছে।
সম্প্রতি বহু জাতিয়ে ইতিহাসৰ পম খেদি নিজৰ হেৰুৱা ঐতিহ্য
উদ্ধাৰ কৰিছে। এই প্ৰাগজ্যোতিষপুৰীয়া মূলৰ ধৰ্মান্তৰিত বাংলাভাষী মুছলমানসকলেও
সম্প্রতি ইতিহাসৰ পাত লুটিয়াবলৈ আৰম্ভ কৰিছে আৰু ইতিহাসে এওঁলোকক খিলঞ্জীয়াৰ
অন্তৰ্ভূক্ত কৰাৰ কাৰণে প্ৰচুৰ সমল যোগান ধৰিছে। এইসকল মুছলমানে আন আন জনগোষ্ঠীৰ দৰে
এজনো বাংলাদেশী অসমত থকাটো কামনা নকৰে, যদিও এই জনগোষ্ঠীটোক সন্দেহযুক্ত বাংলাদেশীৰ আবৰ্তত ৰাখি এঘৰীয়াকৈ ৰখাৰ
কাৰণে এচাম উগ্র জাতীয়াতাবাদীয়ে সচেতন ভাবে ষড়যন্ত্ৰ কৰি আছে। অথচ বাংলাদেশী
বিতাড়নৰ ক্ষেত্ৰত এওঁলোকেও অর্থবহ ভূমিকা ল'ব পাৰিলেহেঁতেন। যিসকল মানুহে এহাত মাটিৰ বাবে নিজৰ ভায়েক-ককায়েকৰ
লগত মৰা-মৰিত লিপ্ত হ’ব পাৰে,
তেওঁলোকে বাংলাদেশৰপৰা মানুহ আনি নিজৰ ঘৰৰ বৰপীৰাত বহিবলৈ দিয়াৰ
দৰে কথাটো একমাত্র অপবাদৰ বাহিৰে আন একো নহয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত নগেন্দ্ৰ নাথ
শইকীয়াই ১৯৯৭ চনত অসম সাহিত্য সভাৰ বৰপেটা জিলাৰ বাঘবৰত অনুষ্ঠিত চৰ-চাপৰি অধিবেশনত
আতোয়াৰ ৰহমান সমন্বয় ক্ষেত্ৰৰ মুকলি সভাত তেওঁৰ সভাপতিৰ অভিভাষণত কৈছিল-‘অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া
প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰপৰাই আৰম্ভ হৈছিল। ইফালে কালে কালে বিভিন্ন জাতি-গোষ্ঠীৰপৰা
জাতি গঠনৰ বিভিন্ন দিশত বিভিন্ন উপাদান সংগ্রহ কৰি আজিৰ শক্তিশালী অসমীয়া জাতি
গঠনৰ ফালে গতি কৰিছে।' এই ক্ষেত্ৰত শ্ৰীযুত শইকীয়াই নিশ্চয়
প্রাচীন প্ৰাগজ্যোতিষ-কামৰূপৰ ইতিহাসৰ ভিত্তিত প্ৰাগজ্যোতিষপুৰীয়া বাংলাভাষী
মুছলমানৰ সমৰ্থনতে এই মন্তব্য আগবঢ়াইছে। অসমৰ আন এগৰাকী বুদ্ধিজীৱী ড০ লীলা গগৈৰ
আন এটি মন্তব্য খুবেই গুৰুত্বপূৰ্ণ। তেওঁ লেখিছে- ‘অসমৰ
কাহানিও চাৰিসীমা নাছিল। অসমত অসমীয়া বুলিও কোনো নিৰূপিত জাতিগোষ্ঠী নাই।
অসমীয়াৰ নামত নিৰ্দ্দিষ্ট কোনো জাতি-গোষ্ঠীয়ে প্রতিনিধিত্ব কৰিব নোৱাৰে।'
লীলা গগৈয়ে লেখা কথাষাৰৰ সত্যতা আছে। কাৰণ Citizenship Act
- 2010 অনুসৰি ১৯৮৫ চনৰ ১৫ আগষ্টৰ সীমাৰ ভিত্তিতহে অসমৰ চাৰিসীমা
নিৰ্দ্ধাৰণ কৰা হৈছে।
গতিকে শইকীয়া দেৱ আৰু লীলা গগৈৰ সুৰতে সুৰ মিলাই ক'ব পাৰি- ‘অসম, অসমত বসবাসকাৰী প্ৰতিজন অসমীয়াৰ। অসমখন কোনো বিশেষ জাতি-গোষ্ঠীৰ অসম
নহয়। প্ৰতিজন বৈধ নাগৰিকৰে অসমত বসবাস কৰাৰ আৰু অসমৰ বায়ু-পানী ভোগ কৰাৰ অধিকাৰ আছে---আছে
অসমক ভালপোৱাৰ অধিকাৰ --- আছে অসমৰ উন্নতিৰ কথা চিন্তা কৰাৰ অধিকাৰ।” গতিকে কোনো বিশেষ জাতি-গোষ্ঠীয়ে উদ্দেশ্য প্রণোদিত ভাবে কোনো বিশেষ
জাতি-গোষ্ঠীক ষড়যন্ত্রমূলক ভাবে সেই অধিকাৰৰপৰা বঞ্চিত কৰাৰ অপচেষ্টা কৰিলে সেই
উদ্দেশ্য কেতিয়াও সফল নহ’ব; বৰং অসমৰ
প্ৰগতিহে বাধাগ্রস্ত হ’ব। গতিকে বাস্তৱ সত্যক আওকাণ কৰি
কল্পিত ইতিহাসৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণ কৰিবলৈ গৈ অসমখনক অশান্ত
কৰি ৰখাতকৈ প্ৰতিটো জাতি-গোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু গঢ়ি বৃহৎ অসমীয়া জাতি গঠনৰ
প্ৰক্ৰিয়াত প্ৰতিজন অসমীয়াই আত্মনিয়োগ কৰাহে অধিক যুক্তি সংগত হ’ব। সুস্থ দেহত সুস্থ মন থাকে; ঠিক সেইদৰে সুস্থ
পৰিবেশতহে প্ৰগতিৰ ৰথৰ চকা দ্রুত ও মসৃণ ভাবে ঘুৰে। সেয়ে অসমখনক ভালপোৱা প্ৰতিজন
নাগৰিকেই ভাষা, ধর্ম, জাতি-গোষ্ঠীৰ
পৰিধি ভাঙি হিংসা-দ্বেষ পাহৰি এখন সুস্থ সমৃদ্ধিশালী অসম গঢ়াৰ কাৰণে আত্মনিয়োগ
কৰাটোহে অধিক সময়োপযোগী পদক্ষেপ হ’ব। এয়াই সম্প্ৰতি সময়ৰ
আহ্বান।
সমাপ্তঃ
সহায়ক গ্রন্থপঞ্জী-
সহায়ক গ্রন্থপঞ্জী-
(১) বাংলাৰ সংস্কৃতি- সুনীতি কুমাৰ চট্টোপাধ্যায়।
(২) বাংলাৰ লোক সংস্কৃতি - বৰুণ কুমাৰ চক্ৰৱৰ্ত্তী আৰু দিব্যজ্যোতি মজুমদাৰ
সম্পাদিত।
(৩) মানব সমাজ, প্রজাতি,
প্রগতি- মিখাইল নেস্বর্গে।
(৪) কছাৰী ৰাজ্যৰ উত্থান আৰু পতন- ভবেন্দ্ৰ নাথ নাৰ্জাৰী।
(৫) অসম বুৰঞ্জী- এডৱাৰ্ড গেইট।
(৬) তাই আহোমৰ ৰত্ন গৰ্ভ- কিৰণ কুমাৰ গগৈ।
(৭) অসমৰ সংস্কৃতি- ড০ লীলা গগৈ।
(৮) অসমীয়া বিশ্বকোষ- ৰজনী কান্ত দেৱশৰ্মা সম্পাদিত।
(৯) আধুনিক অসমীয়া বিশ্বকোষ- সূৰ্য হাজৰিকা সম্পাদিত।
(১০) ভাৰতীয় ইতিহাসত এভূমুকি- আৰ, এচ, এচৰ দ্বাৰা সম্পাদিত।
(১১) শোণিতপুৰ জিলাত এভুমুকি- তৰুণ দাস।
(১২) বংকিম ৰচনাৱলী- ২য় খণ্ড- সাহিত্য সংসদ দ্বাৰা সম্পাদিত।
(১৩) কোঁচ বেহাৰৰ ইতিহাস- আমানুল্লা খাঁ।
(১৪) ৰং ৰাজবংশাৱলী- হেম চন্দ্ৰ গোস্বামী।
(১৫) অসমৰ বুৰঞ্জী- পদ্মনাথ গোহাঞি বৰুৱা। (১২) বংকিম ৰচনাৱলী- ২য় খণ্ড-
সাহিত্য সংসদ দ্বাৰা সম্পাদিত।(১৬) উত্তৰ কুল- শ্ৰী ধীমান চক্ৰৱৰ্ত্তী।
(১৭) হিন্দু-মুছলমানৰ সম্পৰ্ক ভাল কৰাৰ উপায়- ডাঃ নজৰুল ইচলাম।
(১৮) ইতিহাস চর্চা- প্রসেনজিৎ চৌধুৰী।
(১৯) অসমীয়া সাহিত্যৰ ইতিহাস- মহেশ্বৰ নেওগ।
(২০) প্ৰব্ৰজনৰ ভয়াৱহতা- ১৮২৬-১৯৯২- শ্ৰী হেমচন্দ্ৰ শইকীয়া৷
(২১) আমাৰ দেশ আমাৰ শতক- নীৰদ চৌধুৰী।
(২২) ৰক্তাক্ত অসম- বলেন বৰগোহাঁই সম্পাদিত।
(২৩)বালিচন্দা- অসম সাহিত্য সভাৰ বাঘবৰত বহা চৰ-চাপৰি অধিবেশনৰ স্মৃতিগ্ৰন্থ-
১৯৯২ চন।
(২৪) খোচা-বিন্ধা বুৰঞ্জী- দিলীপ দত্ত।
(২৫) অসমৰ অস্তিত্ব বিপন্ন- শ্রী হেম চন্দ্ৰ শইকীয়া।
(২৬) ভাৰতীয় সংস্কৃতি- আবিদ হুছেইন
(২৭) আজাদী কী ছাও মে- আনিচ কেডুৱাই।
(২৮) খিলঞ্জীয়াৰ অনুসন্ধান- দেৱান এছাক আলি।
(২৯) বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰ্জত জয়ন্তী
স্মৃতিগ্রন্থ- ২০০৪-০৫।
(৩০) অসমৰ প্ৰাগজ্যোতিষপুৰীয়া খিলঞ্জীয়া মুছলমান উন্নয়ন পৰষিদৰ গোহৰি পত্ৰ-
২০০৯।
(৩১) অসমৰ প্ৰাগজ্যোতিষপুৰীয়া খিলঞ্জীয়া মুছলমান উন্নয়ন পৰষিদৰ স্মৰণিকা-
২০০৯। (
৩২) পৰিৱৰ্ত্তন কী সমস্যা- বাল্মিীকি প্রসাদ সিং।
(৩৩) অগ্রদূত- ১৩-০১- ২০১১- খৰ্গেশ্বৰ ভূঞা।
(৩৪) অসম বাণী- ২৪-০৬-২০১১।
(৩৫) ৰাইজৰ বাতৰি- ১৪-০৮-২০০৭।
(৩৩) Social History of Boro's of Assam.
(৩8) Linguistic India- G.A. Grierson.
(৩৫) History of Ancient India Ramesh ch.
Mazumdar.
(৩৬) Introduction to the History of the
Assam Kingdom Jhon Peter Wade.
(৩৭) History Of Civilization - Dr. P. C.
Choudhury.
(৩৮) 1981- Socio Economic Crisis in
Assam- B.N. Choudhury
(৩৯) Indian Culture N.N. Dasgupta.
সমাপ্তঃ

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন