বাংলা অনুবাদ গল্প-১

 


বাংলা অনুবাদ গল্প-১

     সূচীপত্র

বিচাৰক : (ৰবীন্দ্ৰনাথ ঠাকুৰ।)

হঠাৎ এজনী নাৰীঃ (সুনীল গঙ্গোপাধ্যায়।)

বৰযাত্ৰীঃ (গজেন্দ্ৰকুমাৰ মিত্ৰ)

জমাৰ খাতাঃ (গজেন্দ্ৰকুমাৰ মিত্র।)

অভিলাষঃ (মূল বাংলা- গজেন্দ্ৰকুমাৰ মিত্র।)

দুপাট জোতাঃ (গজেন্দ্ৰকুমাৰ মিত্র।

যাত্রা-পথতঃ (গজেন্দ্ৰকুমাৰ মিত্র।)

নাগ আৰু নাগিনীঃ-(তাৰাশংকৰ বন্দোপাধ্যয়)

তিস্তাই সকলো কৰিব পাৰেঃ-(তাপস কুমাৰ বিশ্বাস)

বিঃ দ্ৰঃ- গল্পবোৰ বিভিন্ন সময়ত বিভিন্ন কাকতত প্ৰকাশিত।

 

             বিচাৰক

   মূল-ৰবীন্দ্ৰ নাথ ঠাকুৰ।

                              প্ৰথম পৰিচ্ছদ

বহু অৱস্থান্তৰৰ পাছত অৱশেষত বিগত যৌৱনা ক্ষীৰোদা যিজন পুৰুষৰ আশ্রয় প্রাপ্তা হৈছিল সিয়ো যেতিয়া তাইক জীৰ্ণ বস্ত্ৰৰ দৰে পৰিত্যাগ কৰি গুচি গ', তেতিয়া অন্ন সংস্থাপনৰ কাৰণে দ্বিতীয়টো আশ্রয় প্ৰাপ্তিৰ চেষ্টা কৰিবলৈ তাইৰ অত্যন্ত ধিক্কাৰ উপজিল।

যৌৱনৰ শেষত শুভ্ৰ শৰতৰ দৰে এক গভীৰ প্ৰশান্ত প্ৰগাঢ় সুন্দৰ বয়স আহে, যেতিয়া জীৱনৰ ফল শস্য পকিবৰ সময় হয়, তেতিয়া আৰু উদ্দাম যৌৱনৰ চপলতা শোভা নাপায়। তেতিয়ালৈকে সংসাৰৰ মাজত আমালোকৰ ঘৰ-গৃহস্থালি কৰা একপ্ৰকাৰ শেষ হৈ যায়; বহু ভাল-বেয়া, বহু সুখ-দুখ জীৱনৰ মাজত পৰিপাক হৈ অন্তৰৰ মানুহটোক পৰিপক্ক কৰি তোলে; আমালোকৰ আয়ত্বৰ অতীত কুহকিনী কল্পলোকৰপৰা সমস্ত উদ্ভ্রান্ত বাসনা প্রত্যাহাৰ কৰি নিজৰ ক্ষুদ্ৰ ক্ষমতাৰ গৃহ-প্ৰাচীৰৰ মাজত প্ৰতিষ্ঠিত হয়; তেতিয়া নতুন প্রণয় মুগ্ধদৃষ্টি আৰু আকৰ্ষণ আশা কৰিব পৰা নাযায়, কিন্তু পুৰণি লোকৰ ওচৰত মানুহ অধিক প্ৰিয়ৰ হৈ উঠে। তেতিয়া যৌৱন লাৱণ্য লাহে লাহে বিশীৰ্ণ হৈ আহিবলৈ ধৰে, কিন্তু জৰাবিহীন অন্তৰপ্ৰকৃতি বহুকালৰ সহবাসক্ৰমে চকু- মুখত যেন স্পষ্টরূপে অংকিত হৈ যায়; হাঁহিটো, দৃষ্টিটো. কণ্ঠস্বৰটো অভ্যন্তৰৰ মানুহজনৰদ্বাৰা ওতপ্রোত হৈ উঠে। যিবোৰ পোৱা হোৱা নাই তাৰ আশা ত্যাগ কৰি; যিসকলে ত্যাগ কৰি গৈছে, সিহঁতৰ কাৰণে শোক সমাপ্ত কৰি; যিসকলে বঞ্চনা কৰি গৈছে, সিহঁতক ক্ষমা কৰি; যিসকল কাষলৈ আহিছে, ভাল পাইছে, সংসাৰৰ সকলো ঝঞ্জা ধুমুহা... বিচ্ছেদৰ মাজত যিকেইটা প্ৰাণী অৱশিষ্ট আছে সিহঁতক বুকুৰ কাষত চপাই লৈ সূচীভূক্ত সুপৰিকল্পিত চিৰপৰিচিতৰ মাজত প্ৰীতিবন্ধনৰ নীড় ৰচনা কৰি তাৰ মাজতে সকলো চেষ্টাৰ অৱসান আৰু সমগ্ৰ আকাংক্ষাৰ পৰিতৃপ্তি লাভ কৰিবপৰা যায়। যৌৱনৰ সেই স্নিগ্ধ অপৰাহ্নত, জীৱনৰ শান্তিপৰ্বত যিয়ে নতুন সঞ্চয়, নতুন পৰিচয়, নতুন বন্ধনৰ বৃথা আশ্বাসত নতুন চেষ্টাত ধাৱিত হোৱাৰ ফলত তেতিয়াও যাৰ বিশ্ৰামৰ কাৰণে শয্যা ৰচিত হোৱা নাই, যাৰ গৃহ প্ৰত্যাৱৰ্তনৰ কাৰণে সান্ধ্যপ্ৰদীপ প্রজ্বলিত হোৱা নাই, সংসাৰত তাৰ দৰে শোচনীয় আৰু কোনো নাই।

ক্ষীৰোদা তাইৰ যৌৱনৰ প্ৰান্তসীমাত উপনীত হৈ প্ৰাতঃকালত সাৰ পাই উঠি যিদিনা দেখিলে তাইৰ প্ৰণয়ী মাজনিশাই তাইৰ সমগ্ৰ অলংকাৰ আৰু অৰ্থ অপহৰণ কৰি পলায়ন কৰিছে, ঘৰভাড়া দিব এনেকুৱাও কোনো সম্বল নাই- তিনি বছৰীয়া শিশুসন্তানটোক গাখীৰ খোৱাব এনেকুৱা কোনো সংগতিও নাই, যেতিয়া তাই চিন্তা কৰি দেখিলে, জীৱনৰ আঠত্ৰিছ বছৰত তাই এজন মানুহকো আপোন কৰিব পৰা নাই, এখন ঘৰৰ প্ৰান্ততো জীয়াই থকাৰ আৰু মৃত্যুৰ অধিকাৰ প্ৰাপ্ত হোৱা নাই, তেতিয়া তাইৰ মনত পৰিল, আকৌ এবাৰ চকুপানী মচি দুচকুত কাজল সানিব লাগিব, ওঁঠ আৰু কপালত অলক্তৰাগ চিত্ৰিত কৰিব লাগিব, জীর্ণ যৌৱনক বিচিত্র ছলনাত আচ্ছন্ন কৰি হাঁহিমুখে অশেষ ধৈর্য সহকাৰে নতুন হৃদয় হৰণৰ কাৰণে নতুন মায়াজাল বিস্তাৰ কৰিব লাগিব; তেতিয়াই তাই ঘৰৰ দুৱাৰ বন্ধ কৰি ভূমিত লুটি খাই পৰি কঠিন মজিয়াৰ ওপৰত পুনঃ পুনঃ মূৰ ঠেকাবলৈ ধৰিলে। সমগ্ৰ দিন তাই অনাহাৰে মুমূর্ষুৰ দৰে পৰি থাকিল। সন্ধিয়া হৈ আহিল। দীপহীন গৃহকোণত অন্ধকাৰ ঘণীভূত হৈ আহিল। দৈৱক্ৰমে এজন পুৰণি প্ৰেমিক আহি ক্ষীৰো ক্ষীৰোবুলি দুৱাৰত কৰাঘাত কৰিলে। ক্ষীৰোদা অকস্মাৎ দুৱাৰ খুলি বাঢ়নীডাল লৈ বাঘিনীৰ দৰে গৰ্জন কৰি দৌৰি আহিল; তেজপিপাসু যুৱকজন অনতিবিলম্বে পলায়নৰ পথ অৱলম্বন কৰিলে।

ৰাটো ভোকৰ তাড়নাত কান্দি কান্দি খাটৰ তলত টোপনি গৈছিল, সেই গণ্ডগোলত সাৰ পাই সি অন্ধকাৰৰ মাজত ভগ্নকাতৰ কণ্ঠত মা-মাবুলি কান্দিবলৈ ধৰিলে। তেতিয়া ক্ষীৰোদা সেই ক্ৰন্দনৰত শিশুটোক বুকুত সাৱটি ধৰি বিদ্যুৎ গতিত দৌৰি গৈ ওচৰৰ কুঁৱাৰ অভ্যন্তৰত জঁপিয়াই পৰিল।

শব্দ শুনি প্রতিবেশীসকল তালৈ আহি কুঁৱাৰ কাষত উপস্থিত হল। ক্ষীৰোদা আৰু শিশুটোক কুঁৱাৰপৰা তুলি আনিবলৈ পলম নহ'ল। ক্ষীৰোদা তেতিয়া চেতনাহীন আৰু শিশুটো মৃত্যুমুখত পৰিছে।

হাস্পতাললৈ গৈ ক্ষীৰোদা সুস্থ হৈ উঠিল। হত্যাৰ অপৰাধত মেজিষ্ট্রেটে তাইক ছেচনলৈ চালান দিলে।

                                   দ্বিতীয় পৰিচ্ছদ

মোহিত মোহন দত্ত ষ্টেটুটৰি চিভিলিয়ান। তেওঁৰ কঠোৰ বিচাৰত ক্ষীৰোদাৰ ফাঁচিৰ হুকুম হল। হতভাগীনিৰ অৱস্থা বিবেচনা কৰি উকিলসকলে তাইক বচোৱাৰ কাৰণে বিস্তৰ চেষ্টা কৰিলে, কিন্তু একোতেই কৃতকার্য হব নেৱাৰিলে। জজ্‌ চাহাবে তাইক দয়াৰ পাত্ৰী বুলি বিবেচনা কৰিব নোৱাৰিলে।

নোৱাৰাৰ কৰাণো আছে; এফালে তেওঁ হিন্দু মহিলাসকলক দেৱী আখ্যা দি থাকে, আনফালে স্ত্রীজাতিৰ প্ৰতি তেওঁৰ আন্তৰিক অবিশ্বাস। তেওঁৰ মত এই যে, ৰমণীসকলে কুলবন্ধন ছিন্ন কৰাৰ কাৰণে উন্মুখ হৈ আছে, শাসন তিলমাত্র শিথিল লেই সমাজ পিঞ্জৰাত এজনীও কুলনাৰী অৱশিষ্ট নাথাকিব।

তেওঁৰ এই বিশ্বাসৰ কাৰণ আছে। সেই কাৰণ জানিবলৈ হলে মোহিতৰ যৌৱন ইতিহাসৰ কিছু অংশ আলোচনা কৰিব লাগিব।

মোহিত যেতিয়া কলেজত দ্বিতীয় বার্ষিকত পঢ়িছিল, তেতিয়া আকাৰ আৰু আচাৰত এতিয়াতকৈ সম্পূর্ণ স্বতন্ত্ৰ প্ৰকাৰৰ মানুহ আছিল । এতিয়া মোহিতৰ সন্মুখ ভাগ টকলা, পশ্চাতত টিকনি, মুণ্ডিত মুখমণ্ডলত প্রতিদিন প্রাতঃকালত তীক্ষ্ণ ক্ষুৰধাৰত গোঁফ-দাঢ়িৰ অংকুৰ ছেদন কৰি থাকে; কিন্তু তেতিয়া তেওঁ সোণৰ ফ্ৰেমৰ চছ্‌মাত, গোঁফ-দাঢ়িত আৰু চাহাবী ধৰণৰ কেশ বিন্যাসত ঊনবিংশ শতাব্দীৰ নতুন সংস্কৰণ কাৰ্তিৰ্কৰ দৰে আছিল। সাজ-পাৰত বিশেষ মনযোগ- মঙহত অৰুচি নাছিল আৰু আনুসংগিক আৰু দুই এটা উপসর্গও আছিল।

অনতিদূৰত এঘৰ মানহ বাস কৰিছিল। সিহঁতৰ হেমশশী বোলা এজনী বিধৱা কন্যা আছিল। তাইৰ বয়স অধিক নাছিল। চৈধ্যৰপৰা পোন্ধৰ বছৰ হ'ব।

সমুদ্ৰৰপৰা বনৰাজি শোভিত সেউজ তটভূমি যিদৰে ৰমনীয় স্বপ্নৱৎ চিত্ৰৱৎ ধাৰণা হয়, তেনেকুৱা কিন্তু তীৰত উঠাৰ পাছত নহয়। বৈধৱ্যৰ বেষ্টনৰ অন্তৰালত হেমশশী সংসাৰৰপৰা যিখিনি দুৰলৈ আঁতৰি আহিছিল, সেই দূৰত্বৰ বিচ্ছেদবশতঃ সংসাৰখন তাইৰ ওচৰত পাৰৱৰ্তী পৰম ৰহস্যময় প্রমোদ ভৱনৰ দৰে ধাৰণা হৈছিল। তাই জনা নাছিল যে, এই জগত যন্ত্ৰটোৰ কলকাৰখানা অতি জটিল আৰু লৌহ কঠিন- সুখ-দুখ, সম্পদ-বিপদ, সংশয়-সংকট আৰু নৈৰাশ্য পৰিতাপত বিমিশ্রিত। তাইৰ ধাৰণা হৈছিল, সংসাৰ যাত্ৰা কলনাদিনী নিজৰাৰ স্বচ্ছ জলপ্ৰবাহৰ দৰে সহজ, সন্মুখৱৰ্তী সুন্দৰ পৃথিবীৰ সকলো বাটেই প্রশস্ত আৰু সৰল, সুখ মাথোন তাইৰ বাতায়নৰ বাহিৰত আৰু তৃপ্তিহীন আকাংক্ষা মাথোন তাইৰ বক্ষপিঞ্জৰৱৰ্তী স্পন্দিত পৰিতৃপ্ত কোমল হৃদয়খনিৰ অভ্যন্তৰত। বিশেষকৈ তেতিয়া তাইৰ হৃদয়াকাশৰ দূৰ দিগন্তৰপৰা এমুঠি যৌৱন সমীৰণ উচ্ছ্বসিত হৈ বিশ্বসংসাৰক বাসন্তী শ্ৰীত বিভূষিত কৰি দিছিল। সমগ্ৰ নীলাম্বৰ তাইৰ হৃদয় কল্লোলত পূৰ্ণ হৈ উঠিছিল আৰু পৃথিবীখন যেন তাইৰ সুগোন্ধ মৰ্মকোষৰ চাৰিওফালে ৰঙা পদুমৰ কোমল পাপৰিবোৰৰ দৰে স্তৰে স্তৰে বিকশিত হৈছিল।

ঘৰখনত তাইৰ পিতৃ-মাতৃ আৰু দুজন ভায়েকৰ বাহিৰে বেলেগ কোনো নাছিল। ভায়েক দুজন ৰাতিপুৱা খাই-বই স্কুললৈ যায় আৰু স্কুলৰপৰা আহি আহাৰ গ্ৰহণৰ পাছত সন্ধিয়া চুবুৰীৰ নাইট স্কুলত পাঠ গ্ৰহণৰ কাৰণে যায়। দেউতাকে সামান্য দৰমহা পায়, ফলত ঘৰুৱা শিক্ষক ৰখাৰ সামৰ্থ্য নাছিল।

কামৰ অৱসৰত হেম তাইৰ নিৰ্জন ঘৰটোৰ বাতায়নৰ ওচৰলৈ আহি বহে। অপলক দৃষ্টিত ৰাজপথৰ লোক চলাচল প্ৰত্যক্ষ কৰে, ফেৰিৱালা কৰুণ উচ্চকণ্ঠত চিঞৰি চিঞৰি যায়, তাই সেয়া শুনিছিল; আৰু মনে মনে ভাবিছিল, পথিকসকল সুখী, ভিক্ষুকসকলো স্বাধীন আৰু ফেৰিৱালাসকল যে জীৱিকাৰ তাড়নাত সুকঠিন প্ৰয়াসত প্রবৃত্ত তেনেকুৱা নহয়- সিহঁত লোক চলাচলৰ ৰঙ্গভূমিত অন্যতম অভিনেতা মাথোন।

আৰু পুৱা সন্ধিয়া পৰিপাটি বেশধাৰী গর্বোদ্ধত স্ফীতবক্ষ মোহিত মোহনক প্রত্যক্ষ কৰিছিল। তাক দেখি তাইৰ সর্বসৌভাগ্যসম্পন্ন পুৰুষশ্রেষ্ঠ মহেন্দ্ৰৰ দৰে ধাৰণা হৈছিল। ধাৰণা হৈছিল, সৌ উন্নত মস্তক সুবেশধাৰী সুন্দৰ যুৱকজনৰ সকলো আছে আৰু তাক সকলো দিবপৰা যায়! বালিকাসকলে যিদৰে পুতলাক সজীৱ মানুহ সজাই খেলা কৰে, বিধৱাই তেনেকৈ মোহিতক মনে মনে সকলো প্ৰকাৰ মহিমাত ভূষিত কৰি দেৱতা সজাই খেলা কৰিছিল।

কোনো কোনো দিনা সন্ধিয়া সময়ত প্ৰত্যক্ষ কৰিছিল, মোহিতৰ ঘৰ আলোকোজ্জ্বল, নৰ্তকীৰ নূপুৰ ধ্বনি আৰু নাৰীকণ্ঠৰ সংগীত ধ্বনিত মুখৰিত। সিদিনা তাই সেই ভিত্তিস্থিত চঞ্চল ছাঁবোৰৰ ফালে চাই বিনিদ্র সতৃষ্ণ চকুত দীৰ্ঘ নিশা উজাগৰি বহি পাৰ কৰিছিল। তাইৰ ব্যথিত পীড়িত হৃদপিণ্ড পিঞ্জৰাৰ পখীৰ দৰে বক্ষপিঞ্জৰৰ ওপৰত দুর্দান্ত আবেগত আঘাত কৰিছিল।

তাই তাইৰ কৃত্ৰিম দেৱতাক তাৰ বিলাসমত্ততাৰ কাৰণে মনে মনে ভৎসনা, নিন্দা কৰিছিল নেকি? জুয়ে যেনেকৈ পতংগক নক্ষত্ৰলোকৰ প্রলোভন দেখুৱাই আকৰ্ষণ কৰে, মোহিতৰ সেই আলোকিত গীতবাদ্য বিক্ষুব্ধ প্রমোদমদিৰোচ্ছ্বসিত কোঠালিটোৱে

হেশশীক দুৰ্গম মৰীচিকা দেখুৱাই আকৰ্ষিত কৰিছিল। তাই গভীৰ নিশা অকলশৰে উজাগৰি বহি সেই অনতিদূৰৰ আলোক, ছাঁ আৰু সংগীত আৰু নিজৰ মনৰ আকাংক্ষা আৰু কল্পনা লৈ এখন মায়াৰাজ্য গঢ়ি তুলিছিল, আৰু নিজৰ মানস পুত্তলিকাক সেই মায়াপুৰীৰ মাজত বহুৱাই ধূপৰ দৰে জ্বলাই সেই নির্জন নিস্তব্ধ মন্দিৰত তাৰ পূজা কৰিছিল। তাই নাজানিছিল, তাইৰ সন্মুখৱৰ্তী সৌ হৰ্ম্যবাতায়নৰ অভ্যন্তৰত সৌ তৰংগায়িত প্ৰমোদ প্ৰবাহৰ মাজত যে এক নিৰতিশয় ক্লন্তি গ্লানি পঙ্কিলতা বীভৎস ভোক আৰু প্ৰাণ বিনাশকাৰী দাহ আছে। সৌ বীতনিদ্ৰ নিশাচৰ আলোকৰ মাজত যে এক হৃদয়হীন নিষ্ঠুৰতাৰ কুটিলহাস্য প্রলয়ক্রীড়া কৰি থাকে, বিধৱাই দুৰৰপৰা সেয়া দেখা নাছিল।

হেম নিজৰ নিৰ্জন বাতায়নত বহি তাইৰ এই মায়াস্বৰ্গ আৰু কল্পিত দেৱতাক লৈ চিৰ্জীৱন স্বপ্নাৱেশত পাৰ কৰি দিব পাৰিলেহেঁতেন, কিন্তু দুর্ভাগ্যক্রমে দেৱতাটোৱে অনুগ্ৰহ কৰিলে আৰু স্বৰ্গ কাষ চাপি আহিল। স্বর্গ যেতিয়া একেবাৰে পৃথিবী স্পৰ্শ কৰিলে তেতিয়া স্বৰ্গও ভাঙি পৰিল আৰু যিয়ে ইমানদিন অকলশৰে বহি স্বৰ্গ গঢ়ি তুলিছিল তায়ো ভাঙি ধূলিস্যাৎ হৈ 'ল।

এই বাতায়নবাসীনি মুগ্ধ বিধৱাজনীৰ প্ৰতি কেতিয়া মোহিতৰ লালায়িত দৃষ্টি পৰিল, কেতিয়া তাইক বিনোদচন্দ্ৰ নামকৰণেৰে বাৰে বাৰে ভুৱা স্বাক্ষৰত চিঠি লেখি অৱশেষত এখন সশঙ্ক, উৎকণ্ঠিত, অশুদ্ধ বানানযুক্ত আৰু উচ্ছ্বসিত হৃদয়াবেগপূর্ণ উত্তৰ পালে আৰু তাৰ কিছুদিন পাছতে ঘাত-প্রতিঘাত, উল্লাস, সংকোচ, সন্দেহ জগৎ সংসাৰ বিধৱাৰ চৌদিশে ঘূৰিবলৈ ধৰিলে, আৰু ঘূৰোঁতে ঘূৰোঁতে ঘূর্ণনবেগত সমগ্র জগৎ অমূলক ছাঁৰ দৰে কেনেবাকৈ অদৃশ্য হৈ গ', আৰু অৱশেষত এদিন অকস্মাৎ সেই ঘূৰ্ণ্যমান সংসাৰৰ চক্ৰৰপৰা সেই নাৰী দ্রুতবেগত বিচ্ছিন্ন হৈ দূৰলৈ বিক্ষিপ্ত হৈ পৰিল, সেইবোৰ বিৱৰণ বিস্তাৰিতকৈ কোৱাৰ আৱশ্যক বোধ নকৰো। এদিনাখন গভীৰ নিশা পিতৃ-মাতৃ-ভ্ৰাতৃ আৰু গৃহ ত্যাগ কৰি হেমশশী বিনোদ চন্দ্ৰ ছদ্মৱেশধাৰী মোহিতৰ লগত এটি গাড়ীত উঠি বহিল। দেৱপ্ৰতিমা যেতিয়া মাটি, খেৰ আৰু ৰাং-পতাৰ অলংকাৰ লৈ তাইৰ কাষলৈ আহিল তেতিয়া তাই লজ্জাত ধিক্কাৰত মাটিৰ লগত মিহলি হৈ গ'ল।

অৱশেষত যেতিয়া গাড়ী এৰি দিলে তেতিয়া তাই মোহিতৰ ভৰিত ধৰি কান্দি কান্দি কলে- হেৰি, তোমাৰ ভৰিত ধৰিছো, মোক আমাৰ ঘৰত থৈ আহাগৈ।

মোহিত ব্যস্তভাবে তাইৰ মুখত সোপা মাৰি ধৰিলে আৰু গাড়ী দ্রুতবেগত দৌৰিবলৈ ধৰিলে।

পানীত নিমজ্জিত মানুহৰ যিদৰে মুহূৰ্তৰ ভিতৰতে জীৱনৰ সকলো ঘটনাৱলী মনত পৰে, সেইদৰেই সেই দুৱাৰবন্ধ গাড়ীৰ গাঢ় অন্ধকাৰৰ মাজত বহি মনত পৰিবলৈ ধৰিলে, প্রতিদিন তাইৰ দেউতাকে তাইক সন্মুখত নবহুৱাই খাবলৈ নবহে, মনত পৰিল, তাইৰ নুমলীয়া ভায়েকটো বিদ্যালয়ৰপৰা আহি তাইৰ বায়েকৰ হাতত খাবলৈ ভাল পায়; মনত পৰিল, তাই মাকৰ লগত পাণ বনায় আৰু মাকে আবেলি চুলি বান্ধি দিয়ে। ঘৰৰ প্ৰতিটো ক্ষুদ্ৰ কোণ আৰু দিনৰ প্ৰতিটো ক্ষুদ্ৰ কৰ্ম তাইৰ চকুৰ আগত জাজ্বল্যমান হৈ উঠিবলৈ ধৰিলে। তেতিয়া তাইৰ নিভৃত জীৱন আৰু ক্ষুদ্ৰ সংসাৰখনকে স্বৰ্গৰ দৰে উপলব্ধি হবলৈ ধৰিলে। সেই পাণ বনোৱা, চুলিবন্ধা, আহাৰ গ্ৰহণৰ সময়ত দেউতাকক বিচি দিয়া, ছুটীৰ দিনবোৰত মধ্যাহ্ন নিদ্ৰাৰ সময়ত পকা চুলি তুলি দিয়া, ভায়েকহঁতৰ দৌৰাত্ম সহ্য কৰা- এই সকলোবোৰ তাইৰ মনত পৰম শান্তিপূর্ণ দুর্লভ সুখৰ দৰে উপলব্ধি হবলৈ ধৰিলে; তাই বুজিব নোৱাৰিলে, এইবোৰ থাকোঁতে সংসাৰত আৰু বেলেগ সুখৰ আৱশ্যক আছে, নে নাই!

মনত পৰিবলৈ ধৰিলে, বিশ্বৰ ঘৰে ঘৰে সকলো কুলকন্যাগণ এতিয়া গভীৰ নিদ্ৰাত নিমগ্ন। নিজৰ ঘৰত নিজৰ শয্যাৰ মাজত নিস্তব্ধ নিশাৰ নিশ্চিন্ত নিদ্ৰা যে কিমান সুখৰ সেয়া আগতে তাই কিয় উপলব্ধি কৰিব পৰা নাছিল! ঘৰৰ কন্যাসকলে কাইলৈ ৰাতিপুৱা ঘৰৰ অভ্যন্তৰত সাৰ পাই উঠিব, নিসংকোচে নিত্যকৰ্মৰ মাজত প্ৰবৃত্ত হ, আৰু গৃহচ্যুতা হেমশশীৰ এই নিদ্রাহীন নিশা কলৈ গৈ প্ৰভাত হব আৰু সেই নিৰানন্দ প্ৰভাতত গলিৰ কাষৰ সিহঁতৰ সেই সৰু ঘৰখনৰ ওপৰত যেতিয়া

ৰাতিপুৱাৰ চিৰপৰিচিত শান্তিময় সহাস্য ৰদ পতিত হব তেতিয়া ঘৰখনত হঠাৎ কি লজ্জা প্রকাশিত হব- কি লাঞ্ছনা, কি হাহাকাৰ জাগ্ৰত হৈ উঠিব! হেম হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে; সকৰুণ অনুনয় সহকাৰে কবলৈ ধৰিলে- এতিয়াও ৰাতি হৈ আছে। মোৰ মা, মোৰ দুজন ভাই, এতিয়াও সাৰ পোৱা নাই, মোক ঘৰলৈ নি থৈ আহাগৈ। কিন্তু এইবোৰ অনুনয় লৈ তাইৰ দেৱতাই কর্ণপাত নকৰিলে; এটি দ্বিতীয় শ্ৰেণীৰ চক্ৰশব্দ মুখৰিত ৰথত তুলি তাইক তাইৰ বহুদিনৰ আকাংক্ষিত স্বৰ্গালোক অভিমুখে লৈ যাবলৈ ধৰিলে।

                     তৃতীয় পৰিচ্ছদ

মোহিত মোহনৰ পূৰ্বৰ ইতিহাসৰপৰা এইখিনি ঘটনা উল্লেখ কৰিলো ৷ ৰচনা নীৰস হব বুলি অন্যান্য ঘটনা উল্লেখ নকৰিলো ৷

এতিয়া সেইবোৰ পুৰণি কথা উল্লেখ কৰাৰ কোনো আৱশ্যকো নাইএতিয়া সেই বিনোদচন্দ্ৰৰ নাম স্মৰণ কৰি ৰাখিব, এনেকুৱা কোনো মানুহ জগতত যে আছে তাতো সন্দেহ আছে। এতিয়া মোহিত শুদ্ধাচাৰী হৈছে, তেওঁ আহ্নিক তৰ্পণ কৰে আৰু সদায় শাস্ত্ৰ আলোচনা কৰে। নিজৰ সৰু সৰু পুত্র-কন্যাকো যোগাভ্যাস কৰোৱাই আছে আৰু ঘৰৰ কন্যাসন্তানক সূৰ্য চন্দ্ৰ বায়ুৰ দুষ্প্ৰৱেশ্য অন্তঃপুৰত প্ৰবল শাসনত প্ৰতিপালন কৰি আছে। কিন্তু, এটা সময়ত তেওঁ একাধিক নাৰীৰ প্ৰতি অপৰাধ কৰিছিল বুলি এতিয়া নাৰীৰ সকলো প্ৰকাৰ সামাজিক অপৰাধৰ কঠিনতম দণ্ডবিধান কৰি আছে।

ক্ষীৰোদাৰ ফাঁচিৰ হুকুম প্ৰদানৰ দুই এদিন পাছত ভোজন বিলাসী মোহিত জেলখানাৰ শাকনিবাৰীৰপৰা পছন্দ শাক- পাচলি সংগ্ৰহ কৰিবলৈ আহিল। ক্ষীৰোদা তাইৰ বিগত জীৱনৰ সমগ্ৰ অপৰাধ স্মৰণ কৰি অনুতপ্ত হৈছে, নে নাই সেয়া জনাৰ কাৰণে তেওঁৰ কৌতুহল উপজিল। তেওঁ বন্দীশালত প্ৰৱেশ কৰিলে।

দূৰৰপৰা তেওঁ এক ধৰণৰ কোলাহলৰ শব্দ শুনিবলৈ পালে। ঘৰৰ অভ্যন্তৰত প্ৰৱেশ কৰি দেখিলে ক্ষীৰোদা প্ৰহৰীৰ লগত প্ৰচণ্ড কাজিয়াত লিপ্ত হৈছে। মোহিত মনে মনে হাঁহিলে; ভাবিলে, স্ত্রীলোকৰ স্বভাৱে এনেকুৱা। মৃত্যু ওচৰত, তথাপি কাজিয়া কৰিবলৈ এৰা নাই। ইহঁতে বোধহয়, যমালয়লৈ গৈয়ো যমদূতৰ লগত কাজিয়াত লিপ্ত হবা মোহিতে ভাবিলে, যথোচিত ভৎসনা আৰু উপদেশৰ দ্বাৰা তাইৰ অন্তৰত অনুতাপ উদ্রেক কৰা উচিত। সেই সৎ উদ্দেশ্য লৈ তেওঁ ক্ষীৰোদাৰ কাষ পোৱা মাত্রেই ক্ষীৰোদাই সকৰুণ সুৰত কৰযোৰে ক'লে- জব্বাবু, আপোনাৰ দোহাই। এওঁক মোৰ আঙুঠিটো ওভতাই দিবলৈ কওঁক ।

প্রশ্ন সুধি জানিব পাৰিলে, ক্ষীৰোদাৰ মূৰৰ চুলিৰ মাজত এটি আঙুঠি লুকোৱা আছিল- হঠাৎ প্ৰহৰীৰ চকুত পৰাত সি আঙুঠিটো কাঢ়ি নিছে।

মোহিত আকৌ মনে মনে হাঁহিলে। আজিৰ পাছত কালি ফাঁচি কাঠত আৰোহণ কৰিব, তথাপি আঙুঠিৰ মায়া ত্যাগ কৰিবপৰা নাই; অলংকাৰেই স্ত্রীলোকৰ সৰ্বস্ব।

প্ৰহৰীক সুধিলে-- ক, আঙুঠিটো চাও?

প্ৰহৰীয়ে তেওঁৰ হাতত আঙুঠিটো দিলে। আঙুঠিটোৰ এফালে হাতী-দাঁতৰ ওপৰত তেলৰঙেৰে অংকিত এজন গোঁফ-দাঢ়ি সুশোভিত যুৱকৰ অতি ক্ষুদ্ৰ ছবি বহুৱা আছে আৰু আনফালে সোণৰ গাত খোদিত আছে- বিনোদচন্দ্র।

তেতিয়া মোহিত আঙুঠিৰপৰা চকু আঁতৰাই ক্ষীৰোদাৰ মুখৰ ফালে ভাল দৰে চালে। চব্বিছ বছৰ আগৰ আৰু এখনি প্ৰীতি কোমল সলজ্জ শংকিত মুখমণ্ডল তেওঁৰ মনৰ পৰ্দাত ভাহি উঠিল; সেই মুখৰ লগত এই মুখৰ সাদৃশ্য আছে। মোহিত আৰু এবাৰ সোণৰ আঙুঠিটোৰ ফালে চালে আৰু তাৰ পাছত যেতিয়া লাহে লাহে তেওঁ মুখ তুলিলে তেতিয়া তেওঁৰ সন্মুখত কলংকিনী পতিতা নাৰী এটি ক্ষুদ্ৰ স্বৰ্ণ আঙুঠিৰ উজ্জ্বল প্রভাত স্বর্ণময়ী দেৱী প্ৰতিমাৰ দৰে উদ্ভাসিত হৈ উঠিল।

(প্ৰকাশ- আমি অসমৰ জনগণ-৩০ জুন, ২০১৪)

 

                     হঠাৎ এজনী নাৰী

মূল বাংলা- সুনীল গঙ্গোপাধ্যায়।

প্রশান্ত দত্তই নিজকে নিজে প্রশ্ন কৰিলে- তেওঁ সৎ, নে অসৎ মানুহ?

তেওঁ শুই আছে এখন সৰু চাপৰ খাটৰ ওপৰত। নৈৰ পাৰৰ মুকলি ঠাইত গছৰ তলতো বিশ্ৰী ধৰণৰ গৰম- তথাপি গছৰ তলত কিছু স্বস্তি পোৱা যায়। তেওঁ এটাৰ পাছত আনটো চিগাৰেট হুপি গৈছে আৰু মাজে সময়ে ওচৰত থকা ঘৰখনৰ ফালে কেৰাহিকৈ চাইছে।

ঘৰ মানে পঁজাঘৰ। তদুপৰি অৱস্থা শীৰ্ণ। ঘৰখনত থাকে স্বামী-স্ত্ৰী আৰু এজন ল'ৰা৷ স্বামীজন অপদার্থ, দেখিলেই বুজা যায়। কম বয়সতে বৃদ্ধৰ দৰে চেহেৰা। লৰাজনৰ নৰম মসৃণ মুখমণ্ডল, গোলগাল চেহেৰা- গ্ৰাম্য লৰা-ছোৱালী যেনেকুৱা হয় ঠিক তেনেকুৱাই। ঘৈণীয়েকৰ বয়স ত্ৰিছ বত্ৰিছ হব বোধহয়- সদায় কামলৈ ব্যস্ত থাকে- তাই অকলেই যে সংসাৰ চম্ভালে তাত সন্দেহৰ অৱকাশ নাই। বৰ ভাল তিৰোতা। স্বামী-পুত্ৰৰ সেৱা কাৰই তাইৰ কাম।

কিন্তু তিৰোতাজনীৰ স্বাস্থ্য অলপ বেয়া নহল কিয়? শৰীৰ গঠন ইমান ধুনীয়া হোৱাৰ কি প্রয়োজন আছিল? যেনেকুৱা এওঁলোকৰ দৰিদ্ৰতা- হয়তো প্রায় পাত খায়ে দিন পাৰ কৰে- তথাপি এনেকুৱা স্বাস্থ্য হয় কেনেকৈ?

প্রশান্ত দত্তই তিৰোতাজনীৰ শৰীৰৰ ৰেখা বিভঙ্গ দেখি চকু ঘূৰাবপৰা নাই। তিৰোতাজনীক ঠিক ৰূপহী বুলি কবপৰা নাযায়। শৰীৰ ৰং পোৰা-পোৰা, চকু নাক কোনোটোৱে নিখুঁত নহয়- কিন্তু স্বাস্থ্যৰ যে এক ধৰণৰ সৌন্দৰ্য আছে সেয়া তাইৰ পুৰামাত্ৰাই আছে৷ যি কাৰণত আকাশত উৰি থকা চিলনী সুন্দৰ, বনৰীয়া ঘোড়া সুন্দৰ, দেৱদাৰু গছ সুন্দৰ- এইবোৰ কাৰণতে তিৰোতাজনীক সুন্দৰী বুলি কব পৰা যায়। শৰীৰৰ কতো অকণো অতিৰিক্ত নাই- বুকু, কঁকাল, ঊৰু- সকলো যথাযথ।

তিৰোতাজনীৰ কপালখনো বেছি বহল। প্রশান্ত দত্তই হাঁহিলে। যাৰ কপালত ইমান দুখ- তাৰ কপাল ইমান বহল হয় কিয়? তিৰোতাজনীয়ে পিন্ধি আছে অতি ফটা-ছিটা মলিয়ন শাড়ী। এয়াও এক ধৰণৰ হাঁহিৰ বিষয় নহয়নে বাৰু? প্ৰশান্ত দত্তই প্রত্যক্ষ কৰিছে, চহৰৰ বহু বেয়া চেহেৰাৰ তিৰোতাই কিমান দামী শাড়ী পিন্ধি সাজ-সজ্জা কৰে। যাৰ পেট গণেশৰ দৰে তায়ো পেট খোলা ব্লাউচ পিন্ধিব বিচাৰে- মাড়োৱাৰী তিৰোতাৰ সাজ-সজ্জা দেখিলেতো বমি আহি যায়। অথচ কয়লা খানি এলেকাত এনেকুৱা বহু মজদুৰণী দেখা যায়, যিসকলৰ শৰীৰ দেখিলে ধাৰণা হয় মানবী মূৰ্ত্তিৰ আদৰ্শ- সাজ-সজ্জা কৰিলে সিহঁতকহে শুৱাব; কিন্তু সিহঁতৰ পিন্ধিবলৈ কাপোৰ নাই। এয়া হাঁহিৰ ব্যাপাৰৰ বাহিৰেনো আৰু কি?

এই খন ঘৰৰ তিৰোতাজনী এজনী সৎ নাৰী। মুখ দেখিলেই বুজা যায় সৎ, নে অসৎ। প্রশান্ত দত্তই মনে মনে ভোভোবালে- শ্বী ইজ এ গুড ওমেন, নো ডাউট!

পৃথিবীত যিবোৰ সৎ তাৰ প্ৰতি মানুহৰ এতিয়াও এক ধৰণৰ গোপন শ্রদ্ধা আছে। এই তিৰোতাজনীৰ প্ৰতি প্ৰশান্তৰ দত্তৰো শ্রদ্ধা উপজিছে। বিশেষকৈ ইমান দুঃখ দাৰিদ্ৰৰ মাজতো তিৰোতাজনী থাকিব পাৰিছে। দৰিদ্ৰতাই মাথোন অভাৱ মাতি নানে, দৰিদ্ৰতাই মানুহক খুবেই নীচ কৰি তোলে।

তিৰোতাজনীৰ চৰিত্ৰক মনে মনে শ্রদ্ধা কৰিলেও প্রশান্ত দত্তই তাইৰ শৰীৰৰ ফালে দৃষ্টিপাত নকৰাকৈ থাকিব পৰা নাই। আৰু এই দৃষ্টিৰ মাজত লোভ আছে।

প্রশান্ত দত্তই নিজকে প্রশ্ন কৰিলে- মই নিজে বাৰু কি? সৎ নে অসৎ ? মই এই গৃহস্থৰ ঘৈণীয়েকৰ ফালে এনেকৈ দৃষ্টিপাত কিয়? কিয় নোচোৱাকৈ থাকিবপৰা নাই? মোৰ মাজত কাম প্রবৃত্তি অধিক। এয়া জানো দোষৰ?

প্রশান্ত দত্ত উদাৰ আৰু দয়ালু হিচাপে পৰিচিত। প্রতিভাবান মানুহ। পঢ়া-শুনাত নামকৰা ছাত্ৰ আছিল। সাধাৰণ মধ্যবিত্ত ঘৰৰ লৰা। বি,এচ,চি আৰু এম,,চিত তেওঁৰ চাবজেক্টত ফাৰ্ষ্ট হৈছিল। তাৰ পাছত মোটামুটি ভাল ধৰণৰ এটা চৰকাৰী চাকৰি। কিছুদিন চাকৰি কৰাৰ পাছত সি বীতশুদ্ধ হৈ গ'ল৷ সি বুজিব পাৰিলে, লেখা-পঢ়াত তুমি যিমানেই ভাল নোহোৱা কিয় তোমাৰ চাকৰিৰ উন্নতিৰ এটা সীমা আছে। বৰ বেছি ওপৰলৈ উঠিব নোৱাৰিবা। এইবোৰ ক্ষেত্ৰত কানেকশ্বনৰ ব্যাপাৰটোৱে প্রধান।

নিজতকৈ অযোগ্য লোকৰ অধীনত চাকৰি কৰাৰ পাত্ৰ প্ৰশান্ত দত্ত নহয়। সুত কৰে চাকৰি এৰি ব্যৱসায় আৰম্ভ কৰিলে। প্রশান্ত দত্ত অতি বুদ্ধিমান মানুহ, ব্যৱসায় আৰম্ভ কৰাৰ আগত তেওঁ তিনি চাৰি মাহ মাৰ্কেট ষ্টাডি কৰিছে, খাতা-পত্ৰত অংক মিলাই চাইছে। কম মূলধনত তেওঁ এনেকুৱা ব্যৱসায় আৰম্ভ কৰিব লাগিব যত লাভ অৱধাৰিত। শেষত তেওঁ এনেকুৱা ব্যৱসায় আৰম্ভ কৰিলে, যাৰ লগত তেওঁৰ বিদ্যা-বুদ্ধি আৰু লেখা-পঢ়াৰ কোনো সম্পর্ক নাই। গ্রামাঞ্চলৰপৰা গৰু আৰু গাহৰিৰ চামড়া সংগ্ৰহ কৰি চালান দিয়া ব্যৱসায়। প্রথমাৱস্থাত তেওঁক আটায়ে ছিঃ ছি- কৰিছিল। এতিয়া প্রশান্ত বাবু বেলেঘাটাত মস্ত কাৰখানাৰ মালিক।

প্রশান্ত দত্তৰ কাৰখানাটো সুপৰিচালিত। তেওঁ নিজে সকলো সময়ত খাটে। কৰ্মচাৰীসকলে অন্যান্য কাৰখানাতকৈ অধিক দৰমহা পায়, সুযোগ-সুবিধাও অধিক। কাৰো কোনো অভিযোগ নাই। এই দৰিদ্ৰ দেশৰ ভালে কেইটা পৰিয়াল প্রশান্ত দত্তৰ কাৰণে ভালদৰে খাই-বই আছে। প্রশান্ত দত্ত মাজে-সময়ে ভাবে, মই যে এইবোৰ কৰিছো, ইয়াৰ বিনিময়ত কি পাইছো?

এজন অবাধ্য সাপ্লায়াৰৰ্ক চিধা কৰাৰ কাৰণে প্রশান্ত দত্ত নিজে ইন্সপেকশ্বনৰ কাৰণে ওলাই আহিছে। বাৰিষা কালি এই ফালৰ ৰাস্তা-ঘাটত গাড়ী নচলে। গৰুৰ গাড়ী অথবা নৌকাৰ বাহিৰে উপায় নাই। প্রশান্ত দত্তই ডাঙৰ আকাৰৰ নৌকা লৈ গৈ আছিল। সেই নৌকাৰ তলিৰ কাঠ এৰা খাই গৈছে। যেতিয়ালৈকে মেৰামত কৰালৈ অপেক্ষা কৰি তেওঁ বিশ্রাম লৈ আছিল গছৰ তলত।

প্রশান্ত বাবুৰ সহকাৰী এজনে প্রথমে এইখন ঘৰৰপৰা তেওঁৰ বহাৰ কাৰণে এখন চকী বিচাৰিছিল। সিহঁতে দিব পৰা নাই।

কাৰণ সিহঁতৰ ঘৰত চকী নাই। বহু কিবা-কিবিয়ে নাই এওঁলোকৰ। সমগ্ৰ ঘৰখনত এটা নাই নাই ভাব বিৰাজমান। শেষলৈকে এখন সৰু খাট উলিয়াই দিছে। খাটখন নিশ্চয় সিহঁতৰ শোৱা খাট। এটা পায়া ভঙা।

তাৰ পাছত প্ৰশান্ত বাবু সুধিছিল- একাপ চাহ বনাই দিব পাৰিব নেকি? এওঁলোকৰ ঘৰত চাহৰ সৰঞ্জাম নাই। এওঁলোকে চাহ নাখায়।

এওঁলোকৰ ঘৰখন দোকান নহয় সেয়া প্রশান্ত দত্তই জানে। কিন্তু কোনো গৃহস্থ ঘৰত হঠাৎ আলহী আহিলে কিবা বিচৰাৰ নিয়মতো উঠি যোৱা নাই।

চাহ খোৱাব নোৱাৰি সিহঁতে লজ্জাবোধ কৰিছে- চাহৰ পৰিৱৰ্ত্তে সিহঁতে নেমুৰ চৰবত বনাই দিছে। প্রশান্ত দত্তই সেই চৰবত স্পৰ্শ কৰিও চোৱা নাই। কিন্তু এই তিৰোতাজনী সম্পৰ্কে উৎসাহী হৈ উঠিছে।

স্বামী, স্ত্রী আৰু এজন দহ বছৰীয়া লৰা। স্বামীজন অকাল বৃদ্ধ, নির্বোধ অপদার্থ। তাৰ নাম দীনু ভট্টাচার্য। ঘৈণীয়েকৰ নাম বাসনা। নামটোৱে বেচ শুৱাইছে তিৰোতাজনীক।

প্রশান্ত দত্ত কিছু সময় কথা-বতৰা পাতিলে সিহঁতৰ লগত। এটা বস্তু তেওঁ একোতে বুজি উঠিবপৰা নাই। এওঁলোকৰ সংসাৰ চলে কেনেকৈ? কোনো মাটি-বৃত্তি নাই, মানুজনৰ কোনো ৰোজগাৰ নাই- তথাপি খাই-বই জীয়াই আছে। কিমান দিন এনেকৈ থাকিব পাৰিব?

প্রশান্ত দত্ত এবাৰ ভাবিলে, এওঁলোকৰ অলপ উপকাৰ কৰিব, স্বামীটোক তেওঁ অনায়াসে এটা চাকৰি দিব পাৰে । মানুহজনৰ যোগ্যতা যিয়েই নাথকক কিয়, তথাপি মাহত তাৰ কাৰণে মাহিলি আড়াইশ তিনিশ টকা ৰোজগাৰৰ ব্যৱস্থা কৰি দিয়াটো প্রশান্ত দত্তৰ কাৰণে একো টান কাম নহয়। কিন্তু দীনু ভট্টাচাৰ্য এই ঠাই এৰি কলিকতালৈ চাকৰি কৰিবলৈ নাযায়- মানুহজনে কলিকতা চহৰক ভয় কৰে। তেতিয়া প্ৰশান্ত দত্তই প্ৰস্তাৱ দিলে, চামড়া সংগ্ৰহৰ কাৰণে সি তেওঁৰ স্থানীয় এজেণ্ট হওঁক। কিন্তু গৰু আৰু গাহৰিৰ চামড়াৰ কথা শুনি মানুহজন আতংকিত হৈ উঠিল। প্রশান্ত দত্তৰ ফালে এনেকৈ চালে যেন তেওঁ এজন যমদূত। পেটৰ ভাত যোগাৰ কৰিব নোৱাৰে অথচ জাত যোৱাৰ ভয় আছে।

প্ৰশান্ত দত্তৰ তেতিয়া খুব খং উঠিছিল। মানুহজন যেতিয়া ইমানেই অপদার্থ তেতিয়া ইমান এজনী সুন্দৰী ঘৈণীয়েক পোৱাৰ অধিকাৰ নাই তাৰ। এই তিৰোতাজনী নিজৰ সংসাৰ বাহিৰে একোৱে দেখা নাই- সেই কাৰণে নিজৰ আশা-আকাংক্ষাৰ কথাও নাজানে। কিন্তু তাইক এটি স্ত্ৰীত্নই বুলিব পৰা যায়।

লাহে লাহে প্ৰশান্ত দত্তৰ খং স্তিমিত হৈ আহিল। তেওঁ ভাবিলে, এওঁলোকৰ বিষয়ে আৰু মূৰ নঘমায়। এনেকুৱা লাখ লাখ পৰিয়াল আছে দেশত- তেওঁ আৰু কি কৰিব!

কিন্তু নৌকা মেৰামতিৰ কাম শেষ হোৱা নাই। অকলে অকলে শুই আৰু কিমান সময় ভাল লাগে। নৌকাৰ মাজতে তেওঁৰ কাৰণে বন্ধা-বঢ়া হৈ আছে। আৰু বেচ কিছু সময় কটাব লাগিব।

ৰাজনক মাতি প্ৰশান্ত দত্তই কিছু সময় কথা পাতিলে। অৱয়বত গ্ৰাম্য ভাব থাকিলেও লৰাজন বেচ চালাক-চতুৰ। ভালকৈ লেখা-পঢ়া শিকিলে মানুহ হব পাৰিলেহেঁতেন। কিন্তু তাৰ এই অপদার্থ দেউতাকে জানো তাক লেখা-পঢ়া শিকাব?

তেওঁ তেতিয়া ভাবিলে, তেওঁৰ লগত নগদ টকা আছে চাৰ্শিমান। তেওঁ ইচ্ছা কৰিলেই ইয়াৰ মাজৰপৰা তিনিশমান টকা এওঁলোকক দান কৰিব পাৰে। এওঁলোকৰ যি অৱস্থা- তিনিশ টকাতো এওঁলোকৰ কাৰণে প্রায় সাত ৰজাৰ ধনৰ সমান। দি দিব নেকি বাৰু কেনেকুৱা প্ৰতিক্ৰিয়া হয় চোৱাৰ কাৰণে?

কিন্তু মাথোন প্রতিক্রিয়া চোৱাৰ কাৰণে তিনিশ টকা দিবপৰা যায় জানো? বহু পৰিশ্ৰম আৰু মেধা খৰচ কৰি টকা ৰোজগাৰ কৰিব লগা হয়। ইয়াৰ বিনিময়ত যদি তেওঁ কিবা বিচাৰে? কিন্তু কি বিচাৰিব? প্ৰশান্ত বাবুই নিজৰ মনৰ ওচৰত স্বীকাৰ কৰিলে, তিৰোতজনীৰ প্ৰতি তেওঁ আকৃষ্ট হৈছে। তিৰোতাজনীক ভোগ কৰিব পাৰিলে বেয়া নহ'লহেঁতেন।

পাছমুহূৰ্ততে মনৰপৰা চিন্তাটোক খেদি পঠিয়ালে। এয়া ঠিক নহয়। দুখীয়া হওঁক আৰু যিয়ে হওঁক- এওঁলোকৰ মোটা- মুটি নিৰুপদ্ৰৱ সংসাৰ, সেয়া তচনচ কৰি দিয়াটো ঠিক নহ'ব। ইয়াত মানুহৰ আদিম মূল্যবোধক আঘাত কৰা হ'ব। তেওঁতো পাষণ্ড নহয়।

কিন্তু তেওঁৰ দৃষ্টি ঘূৰি ঘূৰিয়ে বাসনা নামৰ তিৰোতাজনীৰ ফালে গৈছে। তেওঁ উপভোগ কৰিছে তাইৰ স্বাস্থ্য সৌন্দর্য। এবাৰ তাইৰ সমগ্ৰ শৰীৰত হাত বুলাব পাৰিলেও আৰাম পালেহেঁতেন। কিন্তু তেওঁ যদি এই ইচ্ছাৰ কথা প্ৰকাশ কৰি পেলায়- আটায়ে তেওঁক ছিঃ ছিঃ কৰিব! গোপনে লুকাই-চুৰকৈ কৰিলে একো ক্ষতি নহয় অৱশ্যে।

প্রশান্ত দত্তৰ ঘৈণীয়েক বহু দিনৰপৰা হাপানি ৰোগত ভূগি আছে। দুটা লৰা-ছোৱালী জন্ম দিয়াৰ পাছত শৰীৰ একেবাৰে ভাগি পৰিছে। প্ৰশান্ত দত্ত স্ত্ৰীৰ অযত্ন নকৰে, চিকিৎসাৰ ত্রুটি নাই- আৰু স্ত্ৰীৰ প্ৰতি তেওঁৰ ভালপোৱাও আছে। কিন্তু তেওঁ ভোগী পুৰুষ- ওৰেটো দিন কামৰ মাজত ডুবি থাকিলেও মাজে-সময়ে তাৰ মাজত ভোগ-বাসনা মূৰ দাঙি উঠে। মানুহে ইয়াক লালসা বুলি কব। তেওঁ সামাজিক আৰু সজ্জন, মাথোন নিজৰ পৰিয়ালৰ প্ৰতি নহয়, তেওঁৰ কাৰখানাৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ প্ৰতিও তেওঁ সুবিচাৰ কৰে- কিন্তু ইয়াৰ বিনিময়ত তেওঁ কিবা বিচাৰিলেই অপযশ হব। তেওঁ যদি হোটেলত কোনো তিৰোতা মানুহ ৰাখে তেওঁক লম্পট বুলি কব। সেয়ে এয়া কৰা সম্ভৱ নহয়। কিন্তু এই যে ইয়াত এই তিৰোতাজনীৰ এনেকুৱা চমৎকাৰ শৰীৰটো নষ্ট হৈছে- এয়া অন্যায় নহয়নে বাৰু?

প্ৰশান্ত দত্তই লৰাজনক পুনৰ কাষলৈ মাতিলে। বেগৰপৰা তিনিশ টকা উলিয়াই কোনো ধৰণৰ ভূমিকা নকৰাকৈ ল'ৰাজনক লে- তোমাৰ মৰাক দি আহাগৈ।

ৰাজন দৌৰি ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত প্ৰশান্ত দত্তই বহি বহি ভৰি নচুৱাবলৈ ধৰিলে। বেচ এক ধৰণৰ নতুন খেল পোৱা গৈছে। দীনু ভট্টাচার্য অলপ আগতে ঘৰৰপৰা ওলাই গৈছে,- দেখাই যক টকাকেইটা পাই তাৰ ঘৈণীয়েকে কি কৰে?

ৰাজনৰ হাতত ধৰি বাসনা বাহিৰলৈ ওলাই আহিল। তাইৰ চকু-মুখ ৰঙা হৈ উঠিছে, সামান্য বিস্ময় আৰু উত্তেজনাত। বাসনা লাজকুৰীয়া নহয়। তাই স্পষ্ট সুৰত সুধিলে- আপুনি ইমানবোৰ টকা পঠালে কিয়?

প্রশান্ত দত্তই অতি বিনীত ভাবে কলে- আপোনাক মোৰ খুবেই ভাল লাগিছে, সেয়ে সামান্য কিবা এটা দিলো। এই 'ৰাজনৰ যাতে লেখা-পঢ়া হয়।

ইমানবোৰ টকা?

বৰ বেছি নহয়, সামান্যই-

নাই নাই, এয়া কেতিয়াবা হয় নেকি?

বাসনাই টকাবোৰ খাটৰ ওপৰত থলে। প্রশান্ত দত্ত মুদ্ধ ভাবে চাই থাকিল তাইৰ ফালে। তেওঁ এনেকুৱাই আশা কৰিছিল। টকাবোৰ তাইৰ গিৰিয়েকৰ হাতত দিলে নিশ্চয় ওভতাই নিদিলেহেঁতেন। খুব হাত মাৰ্জন কৰিলেহেঁতেন। তাত প্ৰশান্ত দত্তৰ কি লাভ হ'লহেঁতেন! তেওঁ ঘৈণীয়েকজনীৰ লগত এষাৰ কথাও পাতিব নোৱাৰিলেহেঁতেন।বাসনা যাবলৈ উদ্যত হল।

প্রশান্ত দত্তই মাতিলে- শুনকচোন!

তাই ঘূৰি চোৱাৰ লগে লগে প্রশান্ত দত্তই নৰম সুৰত কলে- আপোনালোকক কিবা উপকাৰ কৰিব পাৰিলে মোৰ খুবেই ভাল লাগিলহেঁতেন।

আপুনিতো তেওঁক চাকৰি দিয়াৰ কথা কৈছিল?

মই কেঁচা চামড়াৰ ব্যৱসায় কৰো কাৰণে টকা লবলৈ ঘিণ কৰিছে নেকি? টকা কেতিয়াও অপবিত্র নহয়।

নাই নাই, তেনেকৈতো কোৱা নাই। এনেয়ে কাৰোবাৰপৰা ইমানবোৰ টকা লবপৰা যায় নেকি?

তেনেহ'লে ইয়াৰ পৰিৱৰ্ত্তে মোক কিবা এটা দিয়ক।

দিবলৈ আমাৰ কি আছে কওঁকচোন।

প্রশান্ত দত্তই মনে মনে ক'লে, তোমাৰ শৰীৰ। কিন্তু মুখত উচ্চাৰণ নকৰিলে৷ ইমান স্পষ্ট কথা মানুহে সহ্য কৰিব নোৱাৰে। টকাৰ বিনিময়ত শৰীৰৰ কথা কোৱাৰ মাজত এটা সাংঘাতিক ৰূড়তা আছে। তেনেহ'লে ভালপোৱা ? ভালপোৱা সম্পৰ্কে এটা সময়ত প্ৰশান্ত দত্তৰ দুৰ্বলতা আছিল- এতিয়া কামত ব্যস্ত থকাৰ কাৰণে সময় নাপায়। তেওঁ যদি তাইক কয়, মই তোমাক ভাল পাব বিচাৰো। তুমি সেয়া গ্ৰহণ কৰিবা জানো?

কিন্তু এওঁলোক ইমান দুখীয়া, মাথোন ভালপোৱাৰে তিৰোতাজনীয়ে কি কৰিব?

বাসনা লাহে লাহে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। প্রশান্ত দত্ত সেই ফালে চাই থাকিল অনিমেষ দৃষ্টিত। তেওঁৰ চকুত এতিয়া লোভৰ চিহ্নমাত্র নাই। বৰং বেচ সন্তুষ্টিৰ ভাব। ঠিক যি যি হবৰ সেয়াই হৈ আছে। তিৰোতাজনীয়ে যদি টকাবোৰ ল'লেহেঁতেন- তেনেহ'লে তেওঁ সন্তুষ্ট হব নোৱাৰিলেহেঁতেন।

খাটৰ তক্তাবোৰ ফাঁক ফাঁক। এই তক্তাৰ ফাঁকত টকাবোৰ গুজি খিলে কিছুদিনৰ ভিতৰতে এওঁলোকৰ চকুত পৰিব। তেতিয়া ওভতাই দিবলৈ কোনো উপায় নাথাকিব। প্রশান্ত দত্তই এবাৰ ফাঁকৰ মাজত টকাবোৰ গুজি পৰীক্ষাও কৰিলে, কিন্তু তাত নথলে। ইমান মহৎ হোৱা তেওঁৰ পক্ষে অসম্ভৱ। তেওঁতো সাধাৰণ মানুহ, দেৱদূত নহয়। তেওঁৰ কামনা-বাসনা আছে। প্ৰতিটো বস্তুৰ বিনিময়ত কিবা এটা পোৱাৰ ইচ্ছা আছে।

তাইৰ গিৰিয়েক ঘৰলৈ আহিলে নিশ্চয় টকাৰ কথা কব। সি তেতিয়া কি কৰিব? আফচোচ্ কৰিব নেকি বাৰু? ঘৈণীয়েকক গালি পাৰিব নেকি? মাৰ-ধৰ নকৰেতো ! এই অযোগ্য মানুহবোৰ ঘৈণীয়েকক মাৰধৰ কৰাত খুবেই ওস্তাদ। অযোগ্য পুৰুষসকলেই ঘৈণীয়েকৰ ওপৰত খুব লম্ফ-জম্ফ কৰে। প্ৰশান্ত দত্তই ভাবিলে, তেওঁ তিৰোতাজনীৰ ওপৰত তাইৰ স্বামীৰ অত্যাচাৰৰ কাৰণ ব নেকি? সেয়া খুবেই বিশ্ৰী ব্যাপাৰ হব।

প্রশান্ত দত্তৰ লগত সদায় এজন ঘনিষ্ট অনুচৰ থাকে। তাৰ নাম ৰত্নেশ হালদাৰ। এওঁ প্ৰশান্ত দত্তৰ লৰালিৰ বন্ধু। লেখা- পঢ়া বেছি শিকা নাই। এতিয়া প্ৰশান্ত দত্তৰ কৰ্মচাৰী। তই তই কৰি কথা ক'লেও সিয়ে তেওঁৰ গা-ৰখীয়া। সি গোঁৱাৰ আৰু শক্তিশালী। তাৰ কোনো দুঃখবোধ নাই। ৰত্নেশ নৌকাৰ মাজী-মাল্লাৰ ওপৰত খুব ৰাগা-ৰাগি কৰি আছিল, প্রশান্ত দত্তই তাক মাতি কলে- ঐ ৰন্ধা-বঢ়া হ নেকি? খুব ভোক লাগিছে মোৰ?

হয়, এয়া প্রায় হলেই। হাত-মুখ নোধোৱা নেকি তই?

এতিয়া উঠিবলৈ মন যোৱা নাই। ইয়ালৈকে লৈ আহ।

তালৈকে পঠাম নেকি?

এৰা, ইয়ালৈকে পঠাই দে।

গছৰ তলত চৰাই-চিৰিকতিয়ে যদি ইয়েকৰি দিয়ে?

একো নহয়- বেচ অকণমান নতুনত্ব হব।

মুৰ্গীৰ জোল-ভাত। মুছলমান মাজীসকলে ভালেই ৰন্ধা-বঢ়া কৰে। জাল অলপ বেছি দিয়ে। প্রশান্ত দত্তই ওঁঠ সৰু কৰি হুচ্ হুচ্ কৰিবলৈ ধৰিলে। খোৱা যেতিয়া প্রায় শেষ হৈ আহিছে তেতিয়া ঘৰৰ ভিতৰৰপৰা এটা বাটি লৈ লৰাজন ওলাই আহিল। বাটিটো প্ৰশান্ত দত্তৰ সন্মুখত ধৰি সংকুচিত ভাবে কলে- আয়ে আপোনাৰ কাৰণে পঠিয়াই দিছে।

বাটি ভৰ্ত্তি বগা ৰঙৰ দালি। মুগ, মচুৰ, বুট নহয়- প্রশান্ত দত্তই এই দালিৰ নাম নাজানে। এবাৰ তেওঁ ভাবিলে, ওভতাই পঠিয়াব, দালি-ছালি খোৱাৰ কোনো ইচ্ছা নাই তেওঁৰ। কিন্তু কোনোবাই খোৱাবস্তু পঠিয়ালে ওভতাই পঠিওৱাটো খুবেই অভদ্রতা। অযাচিত ভাবে টকা পঠিয়ালে ওভতাই পঠিয়াব লাগে- কিন্তু খোৱাবৃস্তু পঠিয়ালে ওভতাই পঠিয়াব নালাগে।

অনিচ্ছা সত্ত্বেও বাটিটো লৈ তেওঁ চুমুক দিলে। কিন্তু ভাল লাগিল। দালিৰ মাজত কেৰেলা আৰু পানীলাউৰ টুকুৰা দিয়া আছে। হঠাৎ প্ৰশান্ত দত্তৰ তেওঁৰ মাকৰ কথা মনত পৰি গ'ল। তেওঁৰ মাকে এই ধৰণৰ দালি ৰান্ধিছিল। মাকৰ মৃত্যুৰ পাছত কোনো দিন এনেকুৱা দালি খাই পোৱা নাই। এনেকুৱা দালি খালে তেওঁৰ ধাৰণা হয় যেন শৰীৰৰ ভিতৰলৈকে শীতল হৈ গৈছে। বাটিৰ সমগ্ৰ দালি খালে চাটি চাটি। এক অদ্ভুত ধৰণৰ সন্তষ্টিত আচ্ছন্ন হৈ পৰিল তেওঁ। কৃতজ্ঞতাত তেওঁৰ চকু-পানী ওলাই আহিল। নৌকাৰ কাঠ এৰা খাই নগলে তেওঁ ইয়াত নামিলহেঁতেন। গছৰ তলত ফিফিৰীয়া বতাহ, বেচি গৰম নাই আজি, নৈৰ পানীত ৰদ তিৰ্বিৰাই আছে- এজনী দয়াশীল নাৰীয়ে নিজৰ হাতৰ ৰন্ধাবস্তু পঠিয়াই দিছে তেওঁৰ কাৰণে- এই সকলোবোৰ যেন সৌভাগ্যৰ দৰে।

হাত-মুখ ধুই আহি তেওঁ চিগাৰেট জ্বলাই লৰাজনক কলে- তোমাৰ মাৰাক আকৌ এবাৰ মাতাচোন।

বাসনা ইতিমধ্যে গা ধুইছে, তাইৰ চুলিবোৰ তিতা। লজ্জিতভাবে আহি থিয় হল প্ৰশান্ত দত্তৰ কাষত। প্রশান্ত দত্ত স্থিৰদৃষ্টিত তাইৰ ফালে চাই ক'লে- খুব তৃপ্তি পালো।

বাসনাই মৃদু কণ্ঠত কলে- আপোনাৰ ভাল লাগিছে নেকি? আমালোকৰ সাধাৰণ ৰন্ধা...... ভাবিলো, আপুনি খায়, নে নাখায়?

বহুদিন এনেকুৱা ৰন্ধা খোৱা নাছিলো। আপোনাৰ বহুত গুণ আছে। আপোনাৰ খোৱাবস্তু খালো, আপোনাৰ খাটটো দখল কৰি বহি আছো- কিন্তু মই জানো, ইয়াৰ প্ৰতিদান দিয়া সম্ভৱ নহয়। দিব পাৰিলে ভাল লাগিলেহেঁতেন.......

প্রশান্ত দত্ত ই মনে মনে ভাবিলে, এইবোৰ কথা তিৰোতজনীৰ গা চুই, কঁকালত সাৱটি ধৰি ক'ব পাৰিলে বেচ ভাল লাগিলহেঁতেন। কৃতজ্ঞতা সত্ত্বেও তেওঁ তিৰোতাজনীৰ সুগঠিত শৰীৰৰ আকৰ্ষণ দূৰ নোৱাৰিলে।

বাসনাই বাটিটো হাতত লৈ লজ্জিতভাবে কলে- এয়াতো সামান্যই.....

প্রশান্ত দত্তই যেন নিজৰ অজ্ঞাতসাৰেই কৈ পেলালে- আপুনি মোৰ লগত যাব নেকি?

কথাযাৰৰ অৰ্থ ঠিক বুজিব নোৱাৰি বাসনাই চমকি উঠি কলে- কি?

প্ৰশান্ত দত্তই পুনৰ দৃঢ়ভাবে ক'লে- আপুনি মোৰ লগত যাব নেকি? ইয়াত আপোনাক নুশুৱায়। মই আপোনাৰ থকা-খোৱাৰ সুব্যৱস্থা কৰি দিম।

বাসনাৰ মুখমণ্ডল অদ্ভুত ধৰণে বিবৰ্ণ হৈ উঠিল। তাই এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলে। বিহ্বলভাবে কেইটামান মুহূর্ত চাই থাকিল প্রশান্ত দত্তৰ ফালে- তাৰ পাছত এক প্ৰকাৰ দৌৰিয়ে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। ঠিক তেতিয়াই অনতিদূৰত দীনু ভট্টযাৰ্যক আহি থকা দেখা গ'ল।

প্রশান্ত দত্তৰ নিজৰ গালতে ঠাচ্ ঠাট্‌কৈ চৰ শোধাবলৈ ইচ্ছা গল। কিয় তেওঁ এনেকুৱা কথা কলে। এক ধৰণৰ সুন্দৰ ব্যৱহাৰ, এটি লাজুক দিনৰ স্মৃতি-- এইখিনি লৈ গুচি গ'লে নহ'লহেঁতেন জানো? এই দীনু ভট্টাচাৰ্য জীৱনত একোকে পোৱা নাই। তথাপি এজনী সুশীলা স্বাস্থ্যৱতী ৰমণীক পাইছে-- সেই খিনিও কাঢ়ি লোৱাৰ ইচ্ছা কিয় তেওঁৰ? পৃথিবীত জানো বেলেগ নাৰী নাই? কিন্তু এই কথা তেওঁ কোনোমতেই মনৰপৰা আঁতৰাই পঠিয়াবপৰা নাই- এই ঠাইত এইজনী নাৰীক নুশুৱায়। দীনু ভট্টাচাৰ্যৰ পৰিৱৰ্ত্তে তেওঁৰে প্ৰাপ্য আছিল এনেকুৱা এজনী নাৰী। তেওঁ সঁচাকৈয়ে তাইৰ যত্ন ললেহেঁতেন। অন্ততঃ এবাৰৰ কাৰণে তাইৰ সহচার্য পালে কি ক্ষতি হ'লহেঁতেন?

ইয়াৰ পাছত তেওঁ ভাবিলে, টকাৰ কথাটো বাসনাই তেওঁৰ স্বামীক নজনাবও পাৰে- কিন্তু এজন অচিনা মানুহৰ কু-কীৰ্ত্তিৰ কথাও নজনোৱাকৈ থাকিব নেকি? তাৰ পাছত কি প্রতিক্রিয়া হ? সেয়া চোৱাৰ কাৰণে তেওঁ উদগ্ৰীৱ হৈ থাকিল৷

কিছু সময় পাছত দীনু ভট্টাচার্য ঘৰৰ ভিতৰৰ পৰা ওলাই আহি বিগলিত মুখত প্ৰশান্ত দত্তৰ কাষত বহি গল্প কৰিবলৈ ধৰিলে। প্রশান্ত দত্তই তীক্ষ্ণ দৃষ্টিত পর্যবেক্ষণ কৰিবলৈ ধৰিলে। মানুহজন অভিনেতা নেকি! সকলো জানি-শুনিও কিবা লুকুৱাইছে নেকি? নাই নাই সেয়া হ'ব নোৱাৰে।

তেওঁ সুধিলে- তেনেহ'লে আপুনি মোৰ কাম নকৰে নেকি?

কিন্তু বামুণৰ লৰা হৈ গৰু গাহৰিৰ চামড়া ছুৱা-মেলা কৰিম! দুটামান টকাৰ কাৰণে বাপ পিতামহৰ ধৰ্ম এৰিব পাৰি জানো? আপোনাৰতো বহু জনা-শুনা- ল'ৰাজনৰ কাৰণে যদি কিবা.......

তিনিশ টকাৰ নোটৰ বাণ্ডিলৰপৰা মাথোন দহ টকীয়া এখন নোট উলিয়াই দীনু ভট্টাচাৰ্যৰ ফালে আগবঢ়াই ক'লে- এইখন ৰাখক, আপোনাৰ ল'ৰাক মিঠৈ কিনি দিব।

নাই নাই, এয়া আকৌ কিয়?

ৰাখক আপোনাৰ ল'ৰাৰ কাৰণে।

দীনু ভট্টাচার্য আগ্রহ সহকাৰে নোটখন পকেটত ভৰালে। প্ৰাশান্ত দত্তই হাঁহিলে। তাৰ পাছত কলে- মই চণ্ডাল মানুহ ভদ্রতা-টদ্রতা বিশেষ নাজানো, ভবিছিলো মোৰ টকা ললে যদি আপোনাৰ সন্মান যায়.....

প্রশান্ত দত্তৰ মূৰত আৰু এটা আইডিয়া আহিল। এওঁৰ ঘৈণীয়েকক যদি কোনোবাই কাঢ়ি লৈ যায়- দুই চাৰিদিন ভোগ কৰাৰ পাছত যদি আকৌ ওভতাই দি যায়- তেনেহ'লে এওঁ ঘৈণীয়েকক পুনৰ গ্ৰহণ কৰিব নেকি? নে তেতিয়াও জাত-ধর্ম ধুই খাব? ঘৈণীয়েকৰ সাহায্য অবিহনে জীয়াই থাকিব পাৰিব জানো মানুহজনে?

দীনু ভট্টাচাৰ্য গুচি যোৱাৰ পাছত প্ৰশান্ত দত্তই ৰত্নেশক মাতি কলে- ৰত্নেশ, এইখন ঘৰৰ তিৰোতাজনী দেখিছ নেকি?

ৰত্নেশ অলপো অবাক নহল। কলে-নৈত গা ধুই আছিল, দাৰুণ ফিগাৰ.... সচাৰচৰ দেখা নাযায়।

ৰত্নেশ ইংগিত বুজিব পাৰি ক'লে- ওচৰে-পাঁজৰে বেলেগ ঘৰ-দুৱাৰ নাই। ইহঁতে অকলে ইয়াত থাকে কেনেকৈ? চোৰ- ডকাইতৰ ভয় নাই নেকি?

কি আছে এওঁলোকৰ ঘৰত যে চুৰি-ডকাইতি হ?

কিয়, মাইকী মানুহৰ কাৰণে ডকাইতি নহয় নেকি? এনেকুৱা মাইকী মানুহ দেখিলে বহুতেই.......

প্রশান্ত দত্তই চিন্তিতভাবে ক'লে- ঠিকেই কৈছ তই!

সন্ধিয়াৰ আন্ধাৰ ঘণীভূত হোৱাৰ লগে লগে নৌকা এৰি দিলে। প্রশান্ত দত্ত নৌকাত বহি আছে। ৰত্নেশে হঠাৎ কলে- মই অলপ আহিছো।

ৰত্নেশ সোমাই গ'ল ঘৰৰ ভিতৰলৈ। দীনু ভট্টাচাৰ্যক সন্মুখত দেখা পাই বিনাবাক্য ব্যয়ে তাৰ পেটত এটা ঘুচি শোধালে। দীনু ভট্টাচাৰ্য লুটি খাই পৰি গ'ল মাটিত। এটি বস্তা লৈ ৰত্নেশ নৌকাত উঠিয়ে ছৈৰ ভিতৰত সোমাই মাজীবিলাক ডাবি মাৰি লে- সোনকালে নৌকা এৰি দে।

প্রশান্ত দত্ত ধৰফৰাই উঠিবহি ক'লে- এয়া তই কি কৰিছ?

তোৰ যেতিয়া ইচ্ছা গৈছে, অলপ স্ফূৰ্ত্তি কৰি ল'

মইতো আনিবলৈ কোৱা নাই?

আৰু চক্ষু-লজ্জা কৰিলে কি হ? এনেকুৱা কোনো ব্যাপাৰ নহয়, পাছত ওভতাই দি আহিম বাৰু। লগত ত্ৰিছটামান টকা দি আহিলেই হব।

বাসনাই চকু বিস্ফাৰিত কৰি চাই আছে প্ৰশান্ত দত্তৰ ফালে। প্রশান্ত দত্তই কলে- মই আপোনাক সুধিলো-আপুনি মোৰ লগত আহিব নে নাই। আপুনিতো কোনো উত্তৰ নিদিলে।

বাসনাই বলিয়াৰ দৰে ক'লে- মই বিহ খাম।

বিহ আছে আপোনাৰ লগত? মইতো মোৰ লগত বিহ নাৰাখো। মই আকৌ সুধিছো, আপুনি মোৰ লগত যাব নেকি? ইচ্ছা কৰিলে আপোনাৰ লৰাটোকো লগত নিব পাৰে।

নাই, নাযাও।

আপোনাক দেখি মোৰ ভাল লাগিছিল- কিন্তু জোৰ কৰি কোনো নাৰীক ভোগ কৰা স্বভাৱ মোৰ নাই। ৰত্নেশ, এওঁক ওভতাই দি আহ।

ৰত্নেশে ক'লে- তোৰ যদি পছন্দ নহয়, তেনেহ'লে মই অলপ জোঁটা-পুটি কৰো। আনিছো যেতিয়া- টকা নহ'লে মোৰ পকেটৰ পৰাই দি যাম।

বাসনাই প্ৰশান্তৰ ফালে চাই কান্দি কান্দি কলৈ- আপুনি মোৰ এই সর্বনাশ কৰিলে কিয়?

প্ৰশান্ত দত্ত নীৰস আৰু গম্ভীৰভাবে কলে- যেনেকুৱা মুকলি ঠাইত আপোনালোকৰ ঘৰ- যিকোনো দিন বদমাচ মানুহে আপোনাক হৰণ কৰি নিব পাৰে। ৰত্নেশৰ অৱয়বো ডকাইতৰ দৰে- ধৰক, সি তেনেকুৱা এটা কামে কৰিছে। আপোনাৰ স্বামীৰ ক্ষমতা নাই আপোনাক ৰক্ষা কৰাৰ। মইতো ইয়াত দৰ্শক মাথোন।

আপুনি দয়া কৰক।

ইয়াত দয়াৰ প্ৰশ্ন নুঠে৷ আপোনাৰ প্ৰতি মোৰ লোভ হৈছিল- লোভী মানুহে দয়া কৰিব পাৰে জানো?

মই ভাবিছিলো আপুনি ভাল মানুহ।

মোৰো ধাৰণা মই ভাল মানুহ। কিন্তু ভাল মানুহৰ কামনা-বাসনা থাকিব নোৱাৰে নেকি? আপোনাক যেতিয়া মই টকাকেইটা দিছিলো, তেতিয়া কিন্তু তাৰ বিনিময়ত একো বিচৰা নাছিলো।

প্রশান্ত দত্তই বিমর্যভাবে দীর্ঘশ্বাস এৰিলে। তাৰ পাছত ৰত্নেশৰ ফালে তীক্ষ্ণদৃষ্টিত চাই কলে- এয়া উচ্ছৃংখলতা কৰা ঠাই নহয়। সোনকালে এওঁক ৰাখি আহগৈ- এই মুহূর্তে।

নৌকা ৰখোৱা হ'ল। ৰত্নেশ তিৰোতাজনীক আগবঢ়াই থবলৈ গ'ল।

প্রশান্ত দত্তই ঘড়ী চাই ক'লে- দহ মিনিটৰ ভিতৰত উভতি আহিবি। কোনো ধৰণৰ বাজে কাম নকৰিবি।

ৰত্নেশ উভতি অহাৰ পাছত প্ৰশান্ত দত্ত কিছু সময় গম্ভীভাবে বহি থাকিল। তাৰ পাছত সুধিলে- তাইৰ গিৰিয়েকে তাইক গ্ৰহণ কৰিব জানো?

কিয় গ্ৰহণ নকৰিব?

এনেকুৱা ক্ষেত্ৰত সাধাৰণতে গ্ৰহণ নকৰে।

ধেৎ!

জন্তু জানোয়াৰৰ চামড়া ছুলে যিসকলৰ জাত যায়- সিহঁতে বেলেগ পুৰুষে ভোগ কৰা ঘৈণীক ওভতাই লয় জানো? ভোগ মানে? একোৱেতো কৰা নাই।

এই কথা কোনে বিশ্বাস কৰিব?

তই এইবোৰ লৈ মূৰ ঘমাব নালাগে।

প্রশান্ত দত্তই বহাৰপৰা উঠি কলে- মই এবাৰৰ কাৰণে চাই আহিব বিচাৰো- তাইৰ কি হল।

ৰত্নেশ আতংকিত হৈ উঠিল, বাৰে বাৰে বুজাবলৈ ধৰিলে যে এতিয়া তেনেকৈ চাবলৈ গ'লে বিপদ হব পাৰে। এয়া মুঠেই বুদ্ধিমানৰ কাম নহ'ব। প্রশান্ত দত্ত ৰত্নেশৰ কথা গ্ৰাহ্য নকৰিলে- তেওঁ নৌকাৰপৰা নামি গ'ল। নিঃশব্দে গৈ থিয় দিলে সেই পঁজা ঘৰৰ কাষত। বেৰৰ ফাঁকেৰে ঘৰৰ ভিতৰৰ দৃশ্য দেখা যায়। ভিতৰত চাকিৰ অস্পষ্ট পোহৰ- দীনু ভট্টাচাৰ্যই ঘৈণীয়েকক সাৱটি ধৰি হাওহাওকৈ কান্দি আছে।

প্ৰশান্ত দত্ত উভতি আহিল তাৰ পৰা। এবাৰ নৈ আৰু এবাৰ আকাশৰ ফালে চালে। আকাশ ভৰা তৰা, নীলা পানীত চল্‌চল মাধুৰ্য ধ্বনি। চমৎকাৰ দৃশ্য। সেই সৌন্দৰ্যৰ ফালে চাই তেওঁ দীর্ঘশ্বাস এৰিলে- অপদার্থ!

(জনসাধাৰণ- ৬-১১-১৫)

                    বৰযাত্ৰী

মূল (বাংলা- গজেন্দ্ৰকুমাৰ মিত্ৰ)

সুৰবালা দোকমোকালিতে উঠিয়ে চিঞৰ-বাখৰ আৰম্ভ কৰিছে। দিনৰ এপৰলৈকে টোপনি যোৱাৰ যি বিলাস, সেয়া সুৰেণৰ অদৃষ্টত নাই। অদৃষ্টক ধিক্কাৰ দি সি বিছনাত উঠি বহিল।

বিড়ি বিছনাৰ কাষতে থাকে। বিছনাত বহিয়ে সি এডাল বিড়ি জ্বলালে। তাৰ পাছত ধোঁৱা এৰি বিছনাৰ ফালে লুব্ধ দৃষ্টিৰে চাই মনে মনে এবাৰ অদৃষ্টক ধিক্কাৰ দিলে- ধেৎত্তেৰি কপাল !

কিন্তু সুৰবালাৰে বা দোষ ক? এই এধানমান ঘৰত আঠোটা ভাৰাতীয়া। তলে-ওপৰে নটা কোঠালি। কোঠালি নহয় যেন পাৰৰ বাহ। এটা কোঠালিত সুৰ্ণেহঁত নিজে থাকে আৰু বাকিবোৰ ভাড়া দিছে। প্ৰতিটো পৰিয়ালে ভিন্ন গোত্ৰৰ। দুঘৰ ব্ৰাহ্মণ, দুঘৰ কায়স্থ, দুঘৰ গোয়াল, এঘৰ বৈদ্য আৰু এঘৰ সুবৰ্ণবণিক। কোনোবাই অফিচত চাকৰি কৰে, কোনোবা কম্প'জিটৰ, কোনোবাই আকৌ ৰে'লত ঔষধ কেনভাচ কৰে আৰু আটায়ে সপৰিবাৰে কলিকতাত বাস কৰি ভাড়া উচল কৰিব খোজে। এপাল লৰা-ছোৱালী, তাৰ উপৰিও বিধবা মাক, ভনীয়েক বা ভায়েকো আছে।

সুৰেশে মাজে-সময়ে বাঁজী ভাৰাতীয়াৰ কাৰণে কাকতত বিজ্ঞাপন দিয়াৰ কথা ভাবে। তাৰ লাৰা-ছোৱালীৰ সংখ্যাও কম নহয়- ভাৰাতীয়াৰ ল'ৰা-ছোৱালীৰ লগত সিহঁতে সদায় কাজিয়া লগাই বহি থাকে। সুৰবালাই সেই কাজিয়া ভাঙোতে অথবা টিউবওৱেলৰ পানীৰ ভাগ-বটোৱাৰালৈ কাজিয়া লাগিলে চিঞৰ-বাখৰ নকৰাকৈ থাকিব নোৱাৰে।..... সুৰেণৰ বিশ্বাস, তাৰ স্ত্ৰীৰ কণ্ঠস্বৰ গলিৰ সিমূৰৰ পৰা শুনা যায়।

সুৰেণৰ কিন্তু ভাৰাতীয়া নৰখাকৈ উপায় নাই। মেট্রিক পাছ কৰাৰ পাছতে দেউতাকে নিজৰ চৰকাৰী চাকৰিৰ অহংকাৰত পুতেকৰ বিবাহ দিছিল। সি নিজেও নৱবধূৰ প্ৰণয় ৰসত নিজক উটুৱাই দিছিল; কাৰণ তেতিয়া পৃথিবীৰ কদৰ্য ৰূপ তাৰ চকুত পৰাৰ সম্ভৱনা নাছিল। বি এ পৰীক্ষাত ফেল কৰাৰ কথা যিদিনা নিশ্চিতভাবে জানিব পাৰিছিল তাৰ পোন্ধৰ দিন পাছত দুদিনৰ জ্বৰতে তাৰ দেউতাকে পৰলোক গমন কৰিছিল। তেতিয়া সি চকু মেলি দেখিলে যে, তাৰ সম্বলৰ মাজত আছে দেড় কঠা মাটিৰ ওপৰত এই তিনিমহলীয়া ঘৰটো আৰু তাৰ যৌৱনৰ সাহিত্য সাধনাৰ ফল- বগাৰ ওপৰত কালিৰ ৰেখা ভৰ্ত্তি কিছুমান খাতা। প্রতিপালিতৰ সংখ্যা তেতিয়া পাঁচৰ সীমা স্পৰ্শ কৰিছেগৈ।

কিন্তু তেতিয়াও বিষয়টো সিমান কঠিনবোধ হোৱা নাছিল। গল্প আৰু উপন্যাসৰ পাণ্ডুলিপি লৈ সি মাহেকীয়া কাকতৰ অফিচ আৰু প্ৰকাশৰ ওচৰলৈ ঘূৰা-ঘুৰি আৰম্ভ কৰি দিছিল। এই দুই-এটা কাকত মানে যিসকলে টকা দিব নোৱাৰে- দুই এটা লেখা প্ৰকাশ কৰিছিল যিবোৰ কাকতে টকা দিয়ে সিহঁতৰ চক্ৰব্যুহ ভেদ কৰাৰ বিদ্যা-বুদ্ধি সুৰেণৰ নাছিল সিহঁতে তাৰ লেখা প্ৰকাশ কৰাটো একেবাৰে গ্ৰাহ্যৰ ভিতৰতে নানিলে। দিনৰ পাছত দিন ধৈৰ্যৰ পৰীক্ষা দি বছৰৰ শেষত সুৰেণে সৰস্বতীক বিদায় দিলে।

তাৰ পাছত চাকৰিৰ চেষ্টা। তেতিয়াও সাহিত্যৰ স্বপ্ন মনৰ মাজৰপৰা সম্পূর্ণভাবে বিদায় লোৱা নাই। সেয়ে মাহিলী, সপ্তাহিক, দৈনিক কাকতৰ অফিচ কোনোটোৱে বাদ নপৰিল- তাৰ পাছত মাৰ্চেন্ট অফিচ, ৰেল অফিচ ইত্যাদি। মাকৰ অলংকাৰ নিঃশেষে শেষ হৈছে তেতিয়া। ঋণৰ বোজা আৰু প্ৰতিপালিতৰ সংখ্যা বাঢ়ি গৈ আছে।

অভাৱৰ ঘূর্ণিবতাহত দাম্পত্য প্রেম, সাহিত্যপ্রীতি ভদ্রতা- সকলো এটাৰ পাছত এটাকৈ তল পৰিল। থাকিল মাথোন  খিট্‌খিটনি, নীচদৃষ্টি আৰু দুশ্চিন্তা। অৱশেত মৰোঁ-জীওকৈ আৰু কিছু টকা ধাৰ কৰি সি এটা দোকান দি বহিল। ছমাহৰ ভিতৰতে সেই দোকানো উঠি গ'ল। ইয়াৰ মাজতে মাকৰ মৃত্যু হল।

ঋণৰ অংক তেতিয়া তিনি হাজৰ অতিক্ৰম কৰিছে। বাটলৈ ওলোৱাৰ বৰ বেছি দেৰি নাই। ঠিক তেনেকুৱা সময়তে সুৰবালাই অপদাৰ্থ স্বামীৰ হাতৰপৰা সংসাৰৰ ভাৰ নিজৰ হাতলৈ আনিলে। বয়-বস্তু যি আছিল সেইবোৰৰ অধিকাংশ বিক্রী কৰি বহুখিনি ঋণ পৰিশোধ কৰিলে আৰু কোঠালিবোৰ খালী কৰিলে। তাৰ পাছত নিজ হাতে ঘৰভাড়াৰ বিজ্ঞাপন লেখি ডাঙৰটো লৰাৰ হাতত দি ৰাস্তাৰ দেৱালত লগাবলৈ পঠিয়াই দিলে।

তেতিয়াহে দাৰিদ্ৰৰ প্ৰকৃত স্বৰূপ সুৰেণৰ চকুত পৰিল। লৰা-ছোৱালী কেইটাই গাখীৰ নাপায়, শীতৰ দিনত চিঙা কাপোৰ গাত জাপি কটায়। লেখা-পঢ়া কর্পোৰেচনৰ স্কুলত ফ্ৰীত যি হয় কৰে।... আৰু ঘৰৰ ভিতৰত সেই ছত্ৰিছ ধৰণৰ লোকৰ কোলাহল।.…......ঘৰভাড়াৰপৰা যি আয় হয় তাৰপৰা টেক্স আৰু কিছু কিছু ঋণ পৰিশোধ কৰি বিশেষ একো হাতত নাথাকে। ফলত ঋণ থাকেই- কেতিয়াবা আকৌ নতুনকৈও ঋণ লব লগা হয়- ঘৰ মেৰামত, ৰা-ছোৱালীৰ অসুখ হলে ঋণৰ বাহিৰেনো আৰু উপায় কি? সেয়ে যি বিদ্যাই স্বামীক উপার্জনক্ষম কৰিব পৰা নাই সেই বিদ্যা শিকোৱাৰ ফালে বিশেষ মনোযোগ নিদি সুৰবালাই ডাঙৰ লৰাটোক কেনভাচাৰ ভাৰাতীয়াৰ লগত কেনভাচ কৰিবলৈ পঠালে, ডাঙৰজনী ছোৱালীক প্ৰতিদিনে অন্ততঃ চাৰি দিস্তা কাগজৰ ঠোঙা বনাবলৈ লগাই দিলে।

কিন্তু সেয়া বহুদিনৰ কথা। তেতিয়াও এইবোৰ ক্ষেত্ৰত সুৰেণৰ মন টন্‌টনাই উঠিছিল। তেতিয়াও বাটে বাটে যাওঁতে ভাৰতবৰ্ষৰ বিজ্ঞানৰ পাত লুটিয়াই নতুন কি কিতাপ প্ৰকাশ পাইছে চাবলৈ ইচ্ছা গৈছিল। এতিয়া সেইবোৰ নিচা নাই। উপাৰ্জন কৰাৰ কাৰণে কোনো ধৰণৰ চেষ্টাও সি নকৰে। দুবেলা সুৰবালাৰ ওচৰত সি ভাত বিচাৰে- আৰু ভাল আঞ্জাৰ আশা কৰে। বাকী সময় পাৰাত তাচ খেলি, নহ'লে হালৈৰ দোকানত আড্ডা মাৰি কটায়। সুৰবালাৰ পৰা প্ৰতিদিনে বিড়ি কিনাৰ কাৰণে পইচা খুজি লয়, কিন্তু সুৰবালাই এপইচাতকৈ অধিক নিদিয়ে- অধিক প্রয়োজন হলে, ডাঙৰ লৰাটোৰ পকেটৰপৰা বিড়ি- নহ'লে সুৰবালাৰ বাকচৰপৰা পইচা চুৰি কৰিবলৈকো সি বিন্দুমাত্র দ্বিধাবোধ নকৰে। ডাঙৰ লৰাটো যথাৰীতি ধ্বংসৰ বাট লৈছে- কিন্তু মাজুটো লৰা প্ৰেছত কম্পজিটৰৰ কাম কৰি কিছু কিছু টকা আনি মাকৰ হাতত দিয়ে। ইয়াৰ কাৰণে সুৰ্ণে বিস্মিত হয়। ভাবে, সিও বিড়িৰ নিচাত ধৰিলে ভাল হ'লহেঁতেন!......

অৱশ্যে এতিয়াও তাৰ সেই সময় পাৰ হোৱা নাই। তাৰ বয়স মুঠেই পোন্ধৰ।

সুৰবালা কোঠালিৰ ভিতৰত প্ৰৱেশ কৰি কোলাৰ ল'ৰা দুটাক জোৰ কৰি জগাই দিলে। সিহঁতে চিলনীৰ দৰে চিঞৰিবলৈ ধৰিলে।

সুৰেণে বিড়িডাল পেলাই দি ক'লে- ৰাতিপুৱা উঠিয়ে ষাড়ৰ দৰে গুমৰিবলৈ আৰম্ভ কৰিলা- টোপনিয়ে মাটি।

সুৰবালৰ মুখখন যেন অকস্মাৎ কঠিন হৈ উঠিল। ক'লে- উঠি কাম কৰিব নোৱাৰা। যিয়ে কাম কৰিব লগা হয়, সি চিঞৰিব লগা হয়েই।... নবাব চাহাবৰ টোপনিৰ ব্যাঘাত হৈছে!....ভাত-কাপোৰ দিয়াৰ সামৰ্থ নাই, নাক কটাৰ গোসাঁই!

বিয়াৰ পাছত সুৰবলাৰ লগত মিলনৰ প্ৰথম নিশা সি তাইক আদৰ কৰি কৈছিল- ওৰেটো নিশা মাথোন তোমাৰ লগত কথা পাতিবলৈ ইচ্ছা গৈছে......। কিন্তু সেইববোৰ কথা এতিয়া থাকক -

সুৰেণো খেচ্‌খেচাই উঠিল- তোমাৰ বৰ স্পৰ্ধা হৈছে আজি-কালি।.....তিৰোতা মানুহক লাই দিলেই মুৰত উঠে...

সুৰবালা ভীষণভাবে চিঞৰি উঠিল- চোৱা, ৰাতিপুৱা উঠিয়ে খং নুতুলিবা, কৈ দিছো। শোটাৰে জৰি বিহ উলিয়াই দিম, গিৰিয়েক বুলি খাতিৰ নকৰো। এওঁৰ সংসৰাত মোক কিমান সুখত ৰাখিছে, সি আকৌ মোক লাই দি মূৰত তুলিব!

সুৰবালা চিঞৰি চিঞৰি ওলাই গ'ল ৷ সুৰেণৰ আৰু কথা কবলৈ সাহস নহল। কিছু সময় বিষণ্ণ দৃষ্টিত বাহিৰৰ ফালে চাই থাকি বহাৰ পৰা উঠি থিয় হ, তাৰ পাছত ধুতিৰ আঁচল গাত মেৰিয়াই ৰাস্তালৈ ওলাই আহিল। ইচ্ছা- মুখ ধোৱাৰ কামফো সি ৰাস্তাৰ টিউবওৱেলৰ পৰাই সমাপন কৰিব।

ৰাস্তাত ভৰি থৈয়ে চকুত পৰিল, নিতাই হালৈ ৰাতিপুৱাতে ছানাৰ পানী উলিওৱাৰ কাৰণে আয়োজন কৰি আছে। সি অলপ কাষলৈ গ'ল।

কি নিতাইদা, ৰাতিপুৱাতে ছানাত লাগিছা যে?

সুৰেণ দা নেকি? অকণমান পাত খুওৱাচোন দাদা।... ৰাতিপুৱাতে ছানাত লাগিছো ইচ্ছা  বিবাহৰ লগ্ন শেষ। আজি যিসকল আবিয়ৈ হৈ থাকিব সিহঁতৰ আৰু এই বছৰত বিয়া নহ'ব।

সুৰেণ হোঁকা সাজিবলৈ বহিল। বিয়াৰ কথা মনত পৰাৰ লগে লগে মনত পৰিল, সি বহুদিন কোনো নিমন্ত্ৰণলৈ যোৱা নাই।.…....আৰু অলপ ভালদৰে হিচাপ কৰাত মনত পৰিল, হয়তো সাত বছৰৰ ভিতৰত কতো নিমন্ত্ৰণলৈ যোৱাৰ সৌভাগ্য হোৱা নাই। ভাল ভাল খাদ্যৰ কথা ৰসনাই হয়তো পাহৰিয়ে গৈছে। মাছৰ কালিয়া, আৰু ইচ্ছা অনুসৰি পান্তাৱা...….....

ইফালে নিতাই বকি গৈছে- এটকাত সাত ছটাক ছানা-পানী, এতিয়া পান্তুৱা বিক্ৰী কৰি কিমান লাভ কৰিম, কোৱাচোন? সকলো হৈছে........

সুৰেণৰ মন কিন্তু সেইফালে নাই। সি ভাবি আছিল লৰালিৰ কথা। পান্তুৱা তেতিয়া ঘৰতে সাঁচি কৰি ৰাখিছিল; অথচ নিমন্ত্ৰণৰো অভাৱ নাছিল। মাছৰ কালিয়া আৰু লুচিৰ কথা মনত পৰাত তাৰ দীৰ্ঘনিশ্বাস ওলাই আহিল।

নিতাই তেতিয়া কৈ আছিল- সন্দেশত চেনি বেছি দিব পৰা যায়- ময়দা দিলেও ক্ষতি নহয়, কিন্তু পান্তুৱাত অলপ বেছি ভেজাল দিলেই ধৰা পৰিব লাগে।

সুৰেণে হোঁকাটো নিতাইৰ ফালে আগবঢ়াই দি বহাৰপৰা উঠি থিয় হল। মুড়িঘণ্ট, দালি আৰু চাটনিৰ কথা বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে।

নিতাইয়ে ক'লে- উঠিলা যে!

মনটো ভাল নহয় আজি।

ঘৈণীয়েৰে এই ৰাতিপুৱাতে খেচ্‌খেচাইছে নেকি?

অপ্রস্তুতভাবে সুৰেণে ক'লে- নাই নাই, তেনেকুৱা কোনো কথা নহয়। নিতাইদা দুটা পইচা ধাৰ দিব পাৰিবা নেকি?

এই ৰাতিপুৱাতে পইচা? বাৰু লৈ যোৱা, কিন্তু অলপ সোনকালে ঘূৰাই দিবা। ভোম্বল দুটা পইচা দিয়াচোন।

সুৰেণে পইচা দুটা লৈ গেলামালৰ দোকানলৈ গ'ল। তাৰ পৰা দুপইচাৰ চাবোন কিনি মুখ নুধোৱাকৈয়ে ঘৰলৈ উভতিল। চিৰি বগাই উঠাৰ সময়ত দেখা হল ডাঙৰ ছোৱালী লৱঙ্গলতাৰ লগত।

লৱঙ্গলতা লৱঙ্গৰ দৰেই শীৰ্ণ আৰু উগ্ৰ। তাইক মিনতি কৰি আদেশ কৰিব লগা হয়। সুৰেণে কলে- আই লৱঙ্গ, মোৰ এযোৰ কাপোৰ ধুই দিব পাৰিবি নেকি, আই...... এটা পইচা দিম।

লৱঙ্গলতা খেংখেঙাই উঠিল- পইচা যি দিবা সেয়া মই জানো- পাবা কত যে দিবা ?

সঁচাকৈয়ে দিম। চাবি, এইবাৰ সঁচাকৈয়ে দিম। বিড়িৰ পইচাৰপৰা বচাই দিম।

লৱঙ্গলতা কোমল হল। দেউতাকৰ হাতৰপৰা চাবোনটো লৈ ক'লে- আজি নিদিলে কিন্তু ভাল নহ, কৈ দিছো।

সুৰবালা খবৰটো পাই স্বামীক বিচাৰি উলিয়াই ক'লে- ইফালে টিউবওৱেলৰ পানীয়ে নাটে, ছোৱালীজনীক আকৌ কি কাৰণত কাপোৰ ধোৱাৰ কাৰণে ফৰমাচ কৰা হৈছে?

সুৰেণে কোমল সুৰত ক'লে- আজি এঠাইত যাব লাগিব। মোৰ সেই চিল্কৰ পাঞ্জাৱীটো উলিয়াই ৰাখিবাচোন।

সুৰবালা সন্দিগ্ধ দৃষ্টিত স্বামীৰ ফালে চাই ক'লে- চিল্কৰ পাঞ্জাৱী পিন্ধি যোৱাৰ আকৌ ঠাই ওলাল কৰপৰা তোমাৰ? চোলাটো আছে, সেয়ে মান-সন্মান বজায় ৰাখিবপৰা যায়। পোন্ধৰ বছৰৰ চোলা সেইটো, এনেয়ে পিন্ধিবলৈ ল'লে কেইদিন যাব?

সুৰেণে সেইবোৰ কথাত গুৰুত্ব নিদি কলে- তোমাৰ সেই চিক্কৰ ৰুমালটো আছে নেকি?

সুৰবালাই সংক্ষেপে কলে- থাকিলেও নিদিও।.....

চোলাৰ মীমাংসা কৰি সুৰেণ জোতাৰ সন্ধানত লাগি পৰিল। ডাঙৰ লৰাটোৱে এযোৰ চৌখীন জোতা কিনিছিল, সেইযোৰ সামান্য চেষ্টাৰ পাছতে বিচাৰি পোৱা গ'ল। সুৰেণৰ ভৰিত লৰাটোৰ জোতা ঠিক ঠিক লাগে; এইটোও লাগিল। সি জোতটো জাৰি-মচি বিছনাৰ তলত লুকোৱাই ৰাখিলে। ডাঙৰ ল'ৰাটোৱে যদি হঠাৎ পিন্ধি ওলাই যায়, তেনেহ'লে বৰ বিপদ হব।

সিদিনা দুপৰীয়া ভাত খাবলৈ বহি অপ্রসন্ন মুখত ভাতৰ কাঁহীত হাত দি সুৰেণে ক'লে- কি ছাই-ভস্ম ৰান্ধা আজি-কালি, মুখত দিবপৰা নাযায় !

পাঁছ বছৰ আগতো এই কথা শুনিলে সুৰবালৰ চকু-পানী ওলালহেঁতেন। তাই কিন্তু এইবাৰ খেংখেঙাই উঠিল- মুঠি মুঠি ৰোজগাৰ কৰিব নোৱাৰা, মাছৰ মূৰ ৰান্ধি দিলোহেঁতেন তেনেহ'লে।

সুৰেণে একো নকলে। মাছৰ কালিয়াৰ স্মৃতিয়ে তাৰ মুখটোক বিস্বাদ । তুলিছিল, সেয়ে সি একোতে ভালদৰে খাব নোৱাৰিলে।সামান্য কেইগৰাহমান ভাত খাই উঠি পৰিল। সুৰবালাই অকথ্য ভাষাত গালি পাৰিবলৈ ধৰিলে; কিন্তু সেইফালে মন দিয়াৰ দৰে তেতিয়া সুৰেণৰ মানসিক অৱস্থা নাছিল ।

সন্ধিয়া সুৰেণে একমাত্ৰ চিল্কৰ পাঞ্জাৱী আৰু বগা ধূতি পিন্ধি ওলাই পৰিল। অকণমান ইফালে-সিফালে চাই গলিটো পাৰ হৈ ডাঙৰ ৰাস্তাত উঠিল। তাৰ পাছত মৃদুমন্দ গতিত এফালে খোজ ল'লে।

কিছু সময় পাছতেই বিপৰীত দিশৰপৰা বাদ্যধ্বনিৰ শব্দ ভাহি আহিল। বাদ্যধ্বনি ক্রমশঃ ওচৰ চাপি আহিলে দেখা গ', কোনোবা ডাঙৰ মানুহৰ লৰাৰ বৰযাত্ৰী। দুই দল ব্যাণ্ডপাৰ্টি আৰু প্ৰচুৰ আলোক-সজ্জা। দৰা ফুলেৰে সজোৱা গাড়ীত উঠি আহিছে আৰু বাকীবোৰ বৰযাত্ৰী খোজ কাঢ়ি আহি আছে। মাথোন লৰা-ছোৱালীবোৰ বেলেগ দুখন গাড়ীত উঠি আহিছে।

সুৰেণৰ চকু উজ্জ্বল হৈ উঠিল। বৰযাত্ৰীসকল যেতিয়া তাৰ কাষ আহিপালে তেতিয়া সি সামান্য ইতস্তত কৰি বৰযাত্ৰীৰ ভিৰৰ লগত মিলি গ'ল ।

বৰযাত্রী সংখ্যাত দুশৰো অধিক। ফলত কোনেও নিচিলে, কোনোবাই চিনাৰ চেষ্টামাত্রও নকৰিলে। আটায়ে অবিসম্বাদিতভাবে ধৰি ললে যে সিও বৰযাত্রী।

কইনা ঘৰতো ভিৰৰ অভাৱ নাছিল। তাত আদৰ আপ্যায়ন গণ্ডগোলৰ মাজত মিহলি হৈ সি মণ্ডপৰ একোণলৈ গৈ বহি পৰিল। কইনা ঘৰৰ লক্ষ্মীৱন্ততাৰ চিহ্নস্বৰূপ দামী চিগাৰেট আৰু ৰূপৰ ট্ৰেত পান বাৰে বাৰে ঘূৰি ফুৰিবলৈ ধৰিলে। সুৰেণে প্রাণপণে চিগাৰেট হুপিবলৈ ধৰিলে; কিন্তু তথাপিও যেন যথেষ্ট চিগাৰেট খোৱা নহ'ল। চিগাৰ্টেবোৰ সোনকালে নুপোৰে।.....চুৰেণৰ ধুম্ৰপানৰ ইতিহাসত ইমান দামী চিগাৰেটৰ নাম নাই।

তাৰ পাছত চাহ- সেয়া চাহ নেকি, যেন অমৃত। কাপবোৰো দামী- প্লেটবোৰৰ ফালে চালে চকু জুৰ পৰি যায়। সুৰেণ মনে মনে ভাবিলে, এওঁলোকে খোৱা-লোৱাৰ ক্ষেত্ৰত নিশ্চয় কার্পণ্য নকৰে।

হয়, কার্পণ্য সিহঁতে কৰা নাই। শাকভাজি, পটলভাজি, মুড়িঘণ্ট, মাছৰ কালিয়া, দৈ-মিঠৈ, মাছ, চাটনি, কচুৰি, পাপৰভাজা, হালুৱা, পান্তুৱা, সন্দেশ আৰু কিমানযে কি! !

সুৰেণৰ মুখ ৰঙা পৰি গ', চকুযোৰ জ্বালা কৰিবলৈ ধৰিলে। তাৰ সমগ্ৰ মন কেন্দ্রীভূত কৰি আহাৰৰ সেই মহোৎসৱত যোগদান কৰিলে। চাৰিওফালে চকু প্ৰসাৰিত কৰাৰ অৱসৰ বা সাধ্য নাছিল তাৰ। এইখিনি জনা আছিল যে বিগত সাত বছৰৰ ভিতৰত এনেকুৱা উপাদেয় খাদ্য তাৰ ভাগ্যত মিলা নাই।

কিন্তু উদৰৰ সহ্যৰ সীমা আছে। এই কথা যেতিয়া মনত পৰিল তেতিয়া তাৰ কান্দিবলৈ মন গ'ল। চাৰিও ফালে ইমান আহাৰৰ প্ৰাচুৰ্য, ইমান আড়ম্বৰ! কিন্তু সি এতিয়াই এৰিব লাগিব।

অতি কষ্টৰে মন্থৰ গতিত উভতি অহাৰ বাট অতিক্ৰম কৰি যেতিয়া সি ঘৰ পালেহি, তেতিয়া লৰা-ছোৱালীকেইটা শুই পৰিছে, মাথোন সুৰবালা তাৰ আগমন অপেক্ষাত বিষণ্নভাবে বহি আছে। কিন্তু সুৰেণৰ মন তেতিয়া যি সুৰত গ্ৰন্থিত সুৰবালাৰ ক্রোধতো তাৰ তাল নেহেৰাল।

সি হাঁহিমাৰি ক'লে- তুমি খাই লোৱা; মই খাই আহিছো। আৰু তোমাৰ কাৰণে কি আনিছো, চোৱাচোন!

সি পকেটৰ পৰা প্ৰথমে বাহিৰ কৰিলে চাহৰ কাপ আৰু প্লেট, একাশি চিগাৰেট আৰু কেইটামান পান, তাৰ পাছত ৰুমালত মেৰোৱা কেইটুকুৰামান মাছ আৰু সন্দেশ- কালিয়াৰ জোল আৰু সন্দেশ একাকাৰ হৈ আছে।

'লেও সুৰবালাই আগ্ৰহেৰে হাত আগবঢ়ালে। তাইৰ চকুত তাইৰ স্বামী যেন অকস্মাৎ স্বর্গীয় আলোকত উদ্ভাসিত হৈ উঠিল।

(জনসাধাৰণ- ৩-০৭-১৬)

 

                       জমাৰ খাতা

মূল বাংলা- গজেন্দ্ৰকুমাৰ মিত্র।)

ডাক্তৰখানাৰপৰা ওলাই জীৱন মাষ্টৰে মৃদুভাবে হাঁহি মাৰিলে। প্ৰাণদণ্ডাজ্ঞা-প্ৰাণদণ্ডাজ্ঞাৰ বাহিৰেনো আকৌ কি- প্রাণদণ্ডাজ্ঞা শুনি কোনোবা কয়েদীয়ে এনেকৈ হাঁহে নে নাই, তেওঁ নাজানে, হাঁহিলেও হয়তো অতিৰিক্ত পৰিমাণে হিষ্টিৰিয়াৰ প্ৰকোপত হাঁহি উঠে- কিন্তু তেওঁ সহজভাবেই হাঁহি মাৰিলে। হয়, হাঁহিয়ে মাৰিলে তেওঁ-কৌতুকৰ হাঁহি৷ আজি তেওঁ জীৱনৰ এনেকুৱা এটি স্থানত আহি থিয় দিছে, 'ত উপনীত হলে পৃথিবীৰ বাকী সকলো মানুহৰ, জীৱনৰ সকলো খণ্ড-অংশবোৰৰ বিষয়ে, এক ধৰণৰ কৌতুকমিশ্রিত অনুকম্পা জাগে।

এইমাত্র ডাক্তৰৰ ওচৰলৈ গৈছিল তেওঁ। চুবুৰিৰ জ্যোতি ডাক্তৰ, বেচ নাম কৰা ডাক্তৰ- অৰ্থপিশাচ বুলি বহুতে দুৰ্ণাম ৰটনা কৰে; কিন্তু জীৱন মাষ্টৰক তেওঁ সদায় খাতিৰ কৰি আহিছে আৰু তেওঁৰ ঘৰলৈ আহি কোনোদিন ফিচ লোৱা নাই। কয়, আপুনি মাষ্টৰ মানুহ, জীৱনৰ যিটো আটাইতকৈ ডাঙৰ বস্তু সেয়া আপুনি দি গৈছে অকাতভাবে, আপোনাৰ ওচৰৰপৰা এই কেইটামান টকা নল'লে কিনো আহে যায়! আশীৰ্ব্বাদ কৰক, ৰা-ছোৱালীকেইটা যেন মানুহ হয়। হয়, চাওঁক মাষ্টৰ বাবু, আমাৰ অমুক এইবাৰ অংকত বৰ কম নম্বৰ পাইছেপৰীক্ষাৰ আগৰপৰা তাক কেইদিনমান সামান্য চাই দিব। অৱশ্যে মই প্রণামী নিশ্চয় দিম।

সেই প্ৰণামী জীৱন মাষ্টৰে কোনোদিন লবপৰা নাই। হয়, জ্যোতি ডাক্তৰে তেওঁক যত্নসহকাৰে বহু সময় ধৰি পৰীক্ষা কৰিছে। তাৰ পাছত ৰায় দিছে, আপোনাৰ খুবেই লপ্ৰেচাৰ মাষ্টৰ বাবু, আপুনি ৰাস্তালৈ ওলাই আহিছে কোন সাহসত ! নাই নাই, হাঁহিৰ কথা নহয়, এতিয়াই গৈ শুই পৰকগৈ, কেইদিনমান পাৰফেক্ট ৰেষ্ট। ৰিক্সাত উঠি ঘৰলৈ যাওঁকগৈ, অলপো খোজ নাকাঢ়িব। ঔষধ লেখি দিছো, বৰং মই মিক্সাৰ তৈয়াৰ কৰি নাতিটোৰ হাতত দি পঠাম- আৰু এটা পেটেণ্ট ঔষধ খাব লাগিব ইয়াৰ লগত। অলপ দামী ঔষধ- এঘাৰ টকা লাগিব। গাখীৰ কণী অলপ বেছিকৈ খাব লাগিব। সেইবোৰ যাতে হজম হয় তাৰ ব্যৱস্থা কৰি দিলো......চাওঁক মাষ্টৰ বাবু, আপুনিয়ে এতিয়ালৈকে সংসাৰৰ একমাত্ৰ ভ্ৰসা। আপোনাৰ শৰীৰটো আগত। ইয়াৰ কাৰণে সামান্য বেছি কিবা খৰচ হ, নহ'লে সামান্য দেনাই হব। মুঠ কথা এইদৰে আৰু অৱহেলা নকৰিব।

নমস্কাৰ কৰি জীৱন মাষ্টৰ উঠি আহিল। ৰিক্সাৰ তেওঁৰ দৰ্কাৰ নাই। ঘৰলৈ গ'লেও নহ, মূৰটো যিমানেই নুঘুৰাওঁক কিয়, সমগ্র পৃথিবী তেওঁৰ ওচৰত যিমানেই দোদুল্যমান ধাৰণা নহওঁক কিয়, বর্তমান ট্রাম ধৰি বাগবজাৰলৈ যাবই লাগিব। ছাত্ৰজনৰ হাফ-ইয়ালি পৰীক্ষা সমাগত-নজনোৱাকৈ ক্ষতি কৰাটো মুঠেই সম্ভৱ নহয়- বৰং আজি যদি কৈ মেলি দুদিনমান ছুটী লব পাৰে- সেয়া বহু পাছৰ কথা। অগত্যা যাবই লাগিব। বুকুৰ কাষত বিষাইছে? এয়াতো কেইদিনমানৰপৰাই বিষাইছে, সেয়া বিযাওঁক। এনেকৈ বাট বুলাৰ সময়ত যদি কোনোবাদিন লুটি খাই পৰি মৰিব পাৰে, সেয়াতো ভালেই হব। সেয়া হব আকাংক্ষিত মৃত্যু। বীৰ সৈকিৰ সৰ্বশ্ৰেষ্ঠ মৃত্যু হল যুদ্ধক্ষেত্ৰত মৃত্যু। কাম কৰি থকা অৱস্থাত এটা সময়ত হঠাৎ বিদায় লোৱাই ভাল, বিছনাত শুই শুই মৃত্যুৰ কথা চিন্তা কৰা- সেয়া আৰু বেছি কষ্টকৰ।

জীৱন মাষ্টৰে দুখত হাঁহিলে। ডাক্তৰে বিধান দিছে- পাৰফেক্ট ৰেষ্ট, কণী-গাখীৰ, এঘাৰ টকাৰ ঔষধ আৰু ইয়াৰ লগত ফাও হিচাপে এটি মিক্‌ছাৰ, সেয়াও কমেও দুটকাৰ হব। এই ব্যৱস্থাৰ পাছত হাঁহিৰ বাহিৰেনো আৰু উপায় কি? এশ চৈধ্য টকা দৰমহা পায় মৰগীয়া বানচসহ। ইয়াৰপৰা দেনা পৰিশোধ কৰি কোনো মাহত এশ টকাও ঘৰলৈ নিব নোৱাৰে। পচপন্ন টকা ঘভাড়া। সেয়াও ঘৰৰ এনেকুৱা অৱস্থা যে এৰি নিদিলেই নচলে। পানী প্রায় বন্ধ, ইলেকট্রিক লাইন তাৰ সহন শক্তিৰ শেষ সীমাত উপনীত হোৱাৰ ফলত লেম জ্বলাব লগা হয় প্ৰায়ে- অথচ ঘৰে বা পায় কত-পোন্ধৰ বছৰ ধৰি আছে তাত, ভাড়া বঢ়োৱাৰ পাছতো পোন্ধৰ টকাৰ বেছি হোৱা নাই- আৰু সেই কাৰণেই ঘৰৰ মালিকে ঘৰৰ মেৰামতি বন্ধ কৰি দিছে। অথচ তিনিটা কোঠালিসহ ফ্ল্যাট বেলেগ ঠাইত লবলৈ গ'লে এশ টকাৰ কমত পাব জানো? ঘৰৰ বাহিৰেও বহু বস্তু আছে। ডাঙৰ ছোৱালীৰ বিয়াৰ দেনা পৰিশোধ হোৱাৰ আগতে বিধবা হৈ আহি বহি আছে। ডাঙৰ লৰাটো বুৰ্বক ধৰণৰ, খাই-দাই বাটে বাটে ঘূৰি ফুৰে। সেই জ্বালাও স্বামী-স্ত্ৰীৰ বুকুত অহৰহ জ্বলিছে। মাজুটো ল'ৰা কোনোবা এটা কাৰখানাত এপ্ৰিণ্টিচ্ খাটি আছে, এতিয়ালৈকে একো দিব নোৱাৰে, বৰং তাক পাঁচ দহ টকা দিলে ভাল হয়, কনিষ্ঠ লৰাটোৱে আই,এচ,চি ফেল কৰি হৈ-হৈ কৰি ঘূৰি ফুৰিছে, তাৰ কোনো ব্যৱস্থা এতিয়ালৈকে কৰা সম্ভৱ হোৱা নাই। তাৰ তলত দুজনী ছোৱালী, সিহঁতৰ স্কুল.….…....

আৰু ভাবিব নোৱাৰিলে জীৱন মাষ্টৰে। ছাতিডালত ভৰ দি লাহে লাহে আগুৱাব ধৰিলে ট্রামৰাস্তাৰ ফালে। ছতিডালো ধৰি ৰাখিবলৈ ইচ্ছা যোৱা নাই, দেহ ইমানে ক্লান্ত, ইমানে দুর্বল। ভৰি দুখন যেন অৱশ হৈ আহিছে, ভিতৰি ভিতৰি কঁপিছে থৰ থৰ কৰি। আজি যেন আৰু বেছি দুৰ্বল লাগিছে, হয়তো ডাক্তৰৰ কথা শুনাৰ পাছৰপৰা এনেকুৱা দুৰ্বল অনুভৱ হৈছে।

কি কৰিলে তেওঁ ওৰেটো জীৱন!

কেতিয়াও ভাবি চোৱা নাই এইবোৰ কথা। ভূতৰ দৰে পৰিশ্ৰম কৰিব লগা হৈছে ওৰেটো জীৱন, ভাবিবলৈ সময় ক? চাৰে ছটাৰপৰা চাৰে নটালৈ দুটা টিউচন, তাৰ পাছত স্কুল। স্কুল শেষ হলে তাত বহিয়ে দুঘণ্টা কোচিং, আকৌ দুটা টিউচন। টেষ্টৰ পাছত তিনিমাহ আকৌ পৰী থীসকলৰ মাজৰপৰা কোনোবা কোনোবা আহে, তেতিয়া আকৌ দোক-মোকালি চাৰে পাঁচ বজাৰপৰা চাৰে ছবজালৈ আৰু এঘণ্টা বেছি মেহনত।

হয়, ভূতৰ দৰে পৰিশ্ৰম কৰিছে। চোৱা নাই কোনোফালে, একো ভবাও নাই। টকা যে খুব কম ৰোজগাৰ কৰিছে সেয়াও নহয়, কিন্তু সদায় সমান নাছিল আয়। যেতিয়া একোটা খৰচৰ বোজা কান্ধত আহি চেপি বহিছে, তেতিয়া তাৰ কাৰণেই আৰু সময় উলিয়াই আৰু কিছু বেছি পৰিশ্ৰম কৰিব লগা হৈছে। ভায়েকৰ টি,বি আৰু চিকিৎসা শেষ হোৱাৰ পাছতে শ্ৰাদ্ধৰ খৰচ, তাৰ পাছত ভতিজা-ভতিজীয়েকহঁতৰ ভাৰ। এয়া প্রথম যৌৱনৰ কথা। তেতিয়াও নিজৰ সংসাৰ ডাঙৰ হোৱা নাছিল। ভতিজাক এতিয়া ইন্দোৰত ডাঙৰ চাকৰি কৰে; কিন্তু তাৰ সংসাৰো কম নহয়। তথাপি ছোৱালীৰ বিয়াৰ সময়ত সি পাঁচশ টকা পঠাইছিল কষ্ট কৰি।

পৰিশ্ৰমৰ বাহিৰে একোকে নাজানে তেওঁ। কোনো দেশলৈ কেতিয়াও ফুৰিবলৈ যোৱা নাই, তীৰ্থ ধৰ্ম-গুৰু- এইবোৰ কথাও কোনোদিন ভবা নাই। তাৰ কাৰণে স্ত্ৰীয়ে নিতৌ বিৰক্ত কৰে। নিজৰ সুখ-স্বাচ্ছন্দ্য? কেতিয়াও দুটাৰ অধিক তিনিটা চোলাৰ মুখ দেখা নাই। নিজৰ কাৰণে কিবা খৰচ কৰিবলৈ গ'লেই মনত পৰিছে- এটকা ৰাহি হলেও লৰা-ছোৱালীৰ কামত লাগিব- আস্, একোৱেতো নাপায় সিহঁতে! কোনো ছাত্ৰৰ ঘৰত খোৱাৰ বাহিৰে কোনোদিন ভাল আহাৰ তেওঁৰ ভাগ্যত মিলা নাই। আজি কণী আৰু গাখীৰ বেছিকৈ বৰাদ্দ কৰা হৈছে তেওঁৰ কাৰণে। এই দুটা বস্তু যে কি সেয়া তেওঁ পাহৰিয়ে গৈছে। কণী কেতিয়াবা হয়তো বন্ধু-বান্ধৱ বা ছাত্ৰৰ ঘৰত খাবলৈ পাইছে। কিন্তু গাখীৰ? শৈশৱৰ কথা মনত নাই- তাৰ পাছত আৰু কোনোদিন মুখত দিয়া নাই। লৰা-ছোৱালীকেইটাকে দিব নোৱাৰে গাখীৰ, কোন মুখত নিজে খায়? একমাত্ৰ চাহৰ লগত দুবেলা দুচামুচ।

নাই নাই, একোৱে কৰা নাই- জীৱনৰ জমাৰ বহীত একোৱে নাই। এই আঠাৱন বছৰৰ জীৱনটো তেওঁৰ একেবাৰেই ব্যৰ্থভাবে পাৰ হৈছে- ভূতৰ বেগাৰ খাটি। এই সত্যটো যেন আজি আৰু বেছিকৈ অনুভৱ কৰিলে তেওঁ।

কিন্তু সঁচাকৈয়ে জানো তেওঁৰ জমাৰ ঘৰত একো নাই? ডবাৰ কোণত মূৰটো বিন্যস্ত কৰি ট্ৰামত গৈ থাকোতে এবাৰ নিজকে নিজে প্রশ্ন কৰিলে জীৱন মাষ্টৰে।

বাহ্যিক চকু দুটা মুদিলেই বোধহয় ভিতৰৰ চকু দুটা মেল খাই যায়। সন্মুখত উদ্ভাসিত উঠে অসংখ্য কোমল কোমল মুখ।

বালক-কিশোৰ- আশা-আকাংক্ষাৰ মুকুল একো একোটা, এই মুকুলবোৰক বিকশিত কৰিছে, সিহঁত সাৰ্থক ফুল হৈ ফুলি উঠিছে এপাহ এপাহকৈ। এইবোৰ জানো একোৱে নহয়?

তেওঁ হয়তো সেইবোৰ অকলে বিকশিত কৰা নাই, তেওঁৰ সহকৰ্মীসকলৰো অৱদান আছে এইক্ষেত্ৰত; কিন্তু তেওঁৰো জানো কিবা পাবলগা নাই এই ক্ষেত্ৰত ?

নিশ্চয় আছে। সকলো সময়ত টকাৰ কাৰণেই কাম কৰা নাই। ভাল ছাত্ৰ পালে টকাৰ ওজনত পঢ়ুৱাবলৈ পাহৰি গৈছে। স্কুলত অথবা প্রাইভেট টিউচনত তেওঁৰ প্ৰচেষ্টাতযিজন ছাত্ৰই সঁহাৰি জনাইছে- তাকেই তেওঁ বিশেষ মনোযোগ দি পঢ়ুৱাইছে। পৰিশ্ৰম বুলি গণ্য কৰা নাই কেতিয়াও, সময় নষ্ট হৈছে এই কথা এবাৰৰ কাৰণেও ভবা নাই। জীৱনৰ এটি মূল্যবান মুকুলক বিকশিত কৰিবলৈ সাহায্য কৰিছে, মাথোন এই কথাই ভাবিছে। এয়া তেওঁৰ কৰ্ত্তব্য। পৃথিবীৰ ওচৰত যদি তেওঁৰ কিবা ঋণ আছেতো, এই ভাবেই সেয়া পৰিশোধ হওঁক- মনটোক এইদৰে বুজাইছে।

তেওঁৰ মনত পৰি গ'ল বীৰেণৰ কথা। সুশ্ৰী, গৌৰবৰ্ণ, বুদ্ধিদীপ্ত বীৰেণ। যেনেকুৱা শ্ৰী, তেনেকুৱাই তীক্ষ্ণ বুদ্ধি। আস্, এনেকুৱা ছাত্ৰক পঢ়ুৱাই সুখ আছে সঁচাকৈ। মজলীয়া ধৰণৰ গৃহস্থৰ ল'ৰা-বেছি টকা দিব নোৱাৰিছিল, তথাপি তাৰ আকৰ্ষণতে তাক পঢ়ুৱাবলৈ গৈছিল। সর্বশেষ টিউচন আছিল সেইটো। এদিন বীৰ্ণেৰ ৰক্তিম চকুলৈ চাই তেওঁ প্ৰশ্ন কৰিছিল- তোৰ টোপনি ধৰে নহয়নে? সি উত্তৰত কৈছিল- ধৰে ছাৰ, কিন্তু আপুনি পঢ়ুৱাবলৈ আৰম্ভ কৰিলে, টোপনি নাথাকে। আনন্দিত হৈ জীৱন মাষ্টৰে তাক বুজাই দিছিল-ইয়াৰ কাৰণেই মই সকলোৰে শেষত তোৰ ওচৰলৈ আহো। মোৰো ক্লান্তি আঁতৰি যায় তোক পঢ়ুৱাবলৈ বহিলে, এয়াই শেষ, যাৰ বাবে ঘড়ীলৈ চাই উঠিব লগাও নহয়- যিমানদূৰ সম্ভৱ পঢ়ুৱাব পাৰো।

পঢ়ুৱাইছিলো তেনেকৈ। কোনোবা দিন চাৰে ন বজাৰ ঠাইত চাৰে দহ বাজি গৈছিল। বীৰেণৰ মাক-বাপেকে ভুমুকি মাৰি চাই গৈছিল বাহিৰৰ পৰা; কিন্তু গুৰু-শিষ্য কাৰোৰে সেইফালে ভ্রূক্ষেপ নাছিল। নাই নাই, ছাত্ৰৰ দৰে ছাত্ৰ আছিল সি, তাত কোনো সন্দেহ নাই। এনেকুৱা ছাত্র যে, যিজন সকলোৰে তপস্যাৰ বস্তু। দহটা অংক কৰি ৰাখিবলৈ কলে একজাম্‌ফলৰ সকলো অংক কৰি ৰাখিছিল সি। এদিন সি এশ সাতচল্লিছটা অংক কৰি ৰাখিছিল। ইংৰাজী প্ৰৱন্ধ এটি লেখিবলৈ কলে তিনিটা ৰাখিছিল। অপূর্ব লৰা।

তাৰ কি হল কোনে জানে! তিনিটা বিষয়ত লেটাৰ মাৰ্কলৈ সি মেট্ৰিক পাছ কৰিছিল। বৃত্তিয়ে পালেহেঁতেন; কিন্তু টেষ্টৰ সময়ত টাইফয়েড হৈছিল। তেওঁতো ভাবিছিল, পৰীক্ষা দিবই নোৱাৰিব। লৰাজনৰ ভাগ্যই তেনেকুৱা, ইণ্টাৰমিডিয়েট পৰীক্ষাৰ সময়ত দেউতাক ঢুকাল । তথাপি পাছ কৰিছিল, ভালদৰেই পাছ কৰিছিল, ফলত সেই কলেজতে তাক বি,এচ, চিফ্ৰিত পঢ়াৰ সুযোগ দিছিল। কিন্তু তাৰ পাছত আৰু অধিক পঢ়িব পৰা নাই। ঘটনাক্রমে গাঁৱৰ ঘৰলৈ উঠি যাব লগা হৈছিল সি। মধ্যবিত্ত পৰিয়ালৰ একমাত্র উপার্জনক্ষম ব্যক্তিৰ মৃত্যু হলে হয়তো এনেকুৱাই হয়। বীৰেণে এতিয়া কি কৰিছে কোনে জানে, হয়তো চাকৰি-বাকৰি কৰিছে। আৰু পঢ়িব পাৰিছিল নেকি? বোধহয়, নোৱাৰিছিল৷ চাকৰি কৰিলেও এতিয়া উন্নতি কৰিছে নিশ্চয়। বৰ ভাল লৰা, বৰ ভাল লৰা।

ট্রাম আহি গন্তব্যস্থান পালেহি। নামিব লাগিব। এইবাৰ অলপ সুস্থভাবেই নামিল জীৱন মাষ্টৰ। ইমান সময় বিশ্রাম কৰাৰ ফল পাইছে। আৰু ফল পাইছে জীৱনৰ জমা-খৰচৰ খাতা মিলাই চোৱাৰ ফলত। নাই নাই, জীৱন একেবাৰে ব্যৰ্থ হৈ যোৱা নাই, জমাৰ খাতাতো কিছু আছে তেওঁৰ। বীৰেণৰ দৰে ছাত্ৰক তেওঁলোকে মানুহ হবলৈ সাহায্য কৰিছে, দেশৰ কেইজনমান যোগ্য নাগৰিক তেওঁলোকে গঢ়ি তুলিছে- এয়া জানো কম গৌৰৱৰ কথা! তেওঁৰ বহু ছাত্ৰই হয়তো বহু ডাঙৰ ডাঙৰ চাকৰি কৰিছে, হয়তো বিপুল ধনীও হৈছে- আজি যদি দৈবাৎ সিহঁতৰ লগত সাক্ষাৎ হয়, মূৰটো নত কৰি প্ৰণামতো কৰিব! বহুতে কৰেও, বহুতক তেওঁ চিনিকে নাপায়, কিন্তু সিহঁতে চিনে। কয়- ভাল আছে, ছাৰ? তেওঁ আনন্দিত হৈ ওলোটাই প্রশ্ন কৰে- তুমি ভালে আছা, বোপা? কি কৰিছা এতিয়া?

ট্রামৰপৰা নমাৰ পাছত এজন ভদ্রবেশধাৰী মানুহ আহি হাত পাতি ভিক্ষা খুজিলে। গাত ফটা-চিঙা চোলা, ভঙা বিতচকুযোৰ সূতাৰে বন্ধা, মলিয়ন কাপোৰ। তাপলি মৰা কেডচ্ জোতা। ট্রামৰপৰা যাত্রী নামিলেই হাত পাতিছে।

এয়াও এক ধৰণৰ যন্ত্ৰণা, বিৰক্ত হৈ জীৱন মাষ্টৰে মনে মনে ক'লে। ঠিক ট্রাম, বাছ ৰখাৰ পাছতে এওঁলোকে থিয় হৈ ভিক্ষা মাগে। উঠা-নমাত অসুবিধা হয়। আৰু এই ভদ্রলোক ভিক্ষাৰী- এয়া যেন আৰু বেছি যন্ত্রণা, এওঁলোকক খেদিও পঠিয়াব পৰা নাযায়, অথচ কিমানেই বা ভিক্ষা দিয়া সম্ভৱ? তেওঁক কোনে দিয়ে, কোনে দয়া কৰে? মানুহেও নকৰে, ভগবানেও নকৰে! আৰু এই এক ধৰণৰ মুখস্থ বুলি- চাকৰি নাই, স্ত্রী-পুত্ৰই খাবলৈ পোৱা নাই, সামান্য সাহায্য কৰক। শুনিলে কষ্ট হয় ঠিকেই, আকৌ বিৰক্তিও লাগে- জীৱন যুদ্ধত এওঁলোকে সহজে হাৰ মনাৰ কাৰণে। ধুমুহা-ঝঞ্জা তেৱোঁ কম সহ্য কৰিব লগা হৈছে নেকি? তা তেওঁতো হাৰমনা নাই- আজি এই মৃত্যুৰ সন্মুখত থিয় হৈয়ো হাৰমনা নাই।

জীৱন মাষ্টৰে মানুহজনক একাষৰীয়া কৰি ওলাই যাবলৈ ধৰিলে, হঠাৎ কুঁজা হৈ মানুহজনে তেওঁৰ ভৰিত হাত দিবলৈ চেষ্টা চলালে। খঙত জ্বলি উঠিল জীৱন মাষ্টৰ নিমিষতে- এওঁ দেখিছো একেবাৰে পেচাদাৰ ভিক্ষাৰী, ভণ্ড। এইদৰে ভৰিত ধৰাৰ ভণ্ডামী দেখিলে তেওঁৰ সৰ্বাঙ্গ জ্বলি উঠে। যতেই এই ধৰণৰ ভণ্ডামী, তেই বুজিব লাগিব যে এয়া অভাৱ নহয়, বৰং দস্তমত স্বভাৱ। মলিয়ন হাত ইচ্ছা কৰি ভৰিত বুলাব বিৰক্ত কৰাৰ কাৰণেই, যাতে মানুহে সেয়া এৰাই যোৱাৰ কাৰণে পইচা বাহিৰ কৰে।

জীৱন মাষ্টৰে কাষৰ মানুহজনক ঠেলি কোনোমতে ভিক্ষাৰীজনক একাষৰীয়া কৰি থৈ ইফাললৈ গুচি আহিল। তেওঁৰ চকু-মুখত বিৰক্তিৰ ছাপ সুস্পষ্ট, তীক্ষ্ণ ভ্রূকুটি। কিন্তু সেই মানুহজনে অন্যান্য সকলোকে এৰি তেওঁৰ পিছ ললে। সকলোকে ঠেলি-ঠুলি তেওঁৰ ওচৰলৈ আহি ক'লে- মই আপোনাক প্ৰণাম কৰিবলৈ গৈছিলো, ছাৰ। মোক চিনিবপৰা নাই নেকি, ছাৰ ? মই বীৰেণ।

বিছাই কামোৰাৰ দৰে চমকি জাঁপ মাৰি উঠিল জীৱন মাষ্টৰ !

বীৰেণ- এইজনে সেই বীৰেণ- নে তেওঁ ভুল দেখিছে? নে বীৰেণৰ কথা ভাবি ভাবি টোপনি গৈছিল, এতিয়াও টোপনি গৈছে আৰু এই সপোন দেখিছে। এই বীৰেণ? সেই সুশ্রী, স্বাস্থ্যোজ্জ্বল, বুদ্ধিদীপ্ত কিশোৰ বীৰেণ নেকি?

মুখমণ্ডল ভৰা গোঁফদাড়ি, সর্বাঙ্গত ময়লা, আধা চুলি ইয়াৰ মাজতে পকি গৈছে, উদ্ভ্রান্ত চাৱনি-এই বীৰেণ? হয়, এওঁৰো যে এটা সময়ত গৌৰকান্তি আছিল সেয়া বুজা যায় অৱশ্যে, যদিও ৰদত পুৰি আৰু ময়লা জমা হৈ একেবাৰে ঢাক খাই গৈছে সেই ৰং।

জীৱন মাষ্টৰক আচ্ছন্ন, অভিভূতৰ দৰে চাই থকা দেখি বীৰেণে ম্লান হাঁহি মাৰি ক'লে- ছেম ওল্ড ষ্টোৰি, ছাৰ। যুদ্ধৰ বজাৰত চাকৰি পাই বিয়া কৰাইছিলো, আইৰ শৰীৰ দুৰ্বল, সংসাৰ কোনে চণ্ডালে! সেয়ে আয়ে জোৰ কৰি বিয়াখন পাতি দিলে। তাৰ পাছত যুদ্ধ বন্ধ হ, ল। একোতে একো নিমিলে- ঘূৰি ঘূৰি, পৰিশ্ৰম, উদ্বেগত নে আন কিবা কাৰণত নাজানো, মূৰৰ গণ্ডগোল হল। ভয় নাখাব, ছাৰ, এতিয়া ভালে আছো। মাজে সময়ে গণ্ডগোল হয়, আকৌ নিজে নিজেই ভাল হৈ যায়। যেতিয়া ভালে থাকো, তেতিয়া ভিক্ষা কৰো- লৰা-ছোৱালী দুটাই তেতিয়া খাবলৈ পায়। যেতিয়া পুনৰ গণ্ডগোল হয়, তেতিয়া আৰু খবৰ নাৰাখো- বোধহয় তেতিয়া স্ত্ৰীয়েই ভিক্ষা কৰে। বাৰু, যাওঁ ছাৰ, আকৌ এটা ট্রাম আহিছে।

বীণে খৰধৰ কৰি গুচি গ'ল।

জীৱন মাষ্টৰৰ ভৰি দুখন পুনৰ অৱশ হৈ আহিল। কিহবাই যেন খুন্দা মাৰি ধৰিলে বুকুৰ মাজত। তেওঁ কোনোমতে গৈ বাৰাণ্ডাত বহি পৰিল । বোধহয় ৰিক্সাই মাতিব লাগিব শেষ মুহূর্তত।

(জনসাধাৰণ-১৪-০৪-১৬)

 

                     অভিলাষ

মূল বাংলা- গজেন্দ্ৰকুমাৰ মিত্র।

তেনেকুৱা কোনো দামী ধৰণৰ চখ নহয়। ঘৰৰপৰা ওলাই চিনেমা চাবলৈ যাব, প্রথম শ্রেণীৰ এটি টিকট কাটি হলত বহিব, চিনেমা চাই থাকোঁতে আইচক্রীম ও দামী চিগাৰ্টে হুপিব আৰু চিনেমা শেষ হোৱাৰ পাছত এটি টেস্কি লৈ ঘৰলৈ উভতিব। বোধহয় সৰ্বমুঠ দহ টকা খৰচ হব! স্ত্রীকো লৈ নাযায়, মাথোন অকলে যাব। কাৰণ তাইৰ ভাল কাপোৰ ব্লাউচ নাই, অলংকাৰ নাই। দৰিদ্ৰতা আৰু পৰিশ্ৰমত চেহেৰা ইমানেই বিশ্ৰী হৈ গৈছে যে প্রথম শ্রেণীত বহুৱাব পৰা নাযাব। এতেকে এটি টিকট হ'লেই হব।

কিন্তু তথাপি হৈ উঠা নাই। পঞ্চল্লিছ টকাত চাকৰিত সোমাই, এই কেইবছৰত দৰমহা বৃদ্ধি হৈ পচপন্ন টকা হৈছে। বি,এ পাছ কাৰণে গড়ে এটি টিউচন প্রায় পায়েই- কিন্তু তাতে বা পায় কিমান? কেতিয়াবা পোন্ধৰ আৰু কেতিয়াবা আকৌ বাৰ টকা। অথচ খৰচৰ সীমা নাই। দুটা কোঠালি আৰু বন্ধা-বঢ়াৰ জেগা- তাৰে ওঠৰ টকা ভাড়া, গাখীৰৰ দাম, মুদিৰ হিচাপ, বজাৰ খৰচ, ধোপা- নাপিত, কাপোৰ-কানি, ঔষধৰ দাম? মনত পৰিলেই নিখিলৰ উশাহ-নিশাহ বন্ধ হেৱাৰ উপক্রম হয়। স্ত্রী বিমলাই যে কেনেকৈ এতিয়ালৈকে উপবাসৰ হাতৰ পৰা ৰক্ষা কৰি আছে, সেয়া ভাবিও সি বাৰুকৈয়ে বিস্মিত হৈ উঠে। তথাপি অদৃষ্ট ভাল, সাতটা লৰা-ছোৱালীৰ মাজত তিনিটা সূতিকাগৃহতে মৰিছে। এতিয়া চাৰিটা সন্তান- সিহঁতৰ খৰচতে প্ৰাণান্ত হোৱাৰ অৱস্থা, আটাইকেইটা জীয়াই থাকিলে- উঃ!

কিন্তু নিখিলৰ এই দহ বছৰীয়া কেৰাণী জীৱনত সি তাৰ আগৰ ছাত্ৰ জীৱনৰ কথা একেবাৰে ডিঙি চেপি হত্যা কৰিবপৰা নাই, যেতিয়া সি কলেজত পঢ়িছিল তেতিয়াৰ চিনেমা চাবলৈ যোৱাৰ কথা- ষ্টেট এক্সপ্ৰেছ চিগাৰেটৰ কথা এতিয়াও মাজে-

সময়ে মনত পৰি তাৰ মনটোক পীড়া দিয়ে। প্রথম শ্রেণীত বহাৰ সাধু বা টেক্সিলে চিনেমালৈ যোৱাৰ সাপ্ অৱশ্যে তেতিয়াৰ পৰাই অপূৰ্ণ হৈ আছে; কিন্তু তেতিয়া আশা আছিল যে সময়ত সি প্ৰচুৰ টকা উপাৰ্জন কৰিব আৰু এনেকুৱা ঘটনা তেতিয়া প্রতিদিনে ঘটিব। ফলত তেতিয়া বাসনা ইমান উগ্ৰ হৈ উঠা নাছিল। সম্প্রতি টকাৰ সপোন টুটি গৈছে, ফলত এই সামান্য বাসনাও যে পূৰ্ণ কৰা অসম্ভৱ সেয়া সি সম্প্ৰতি উপলব্ধি কৰিব পাৰিছে। সেয়ে সেই আকাংক্ষাই মনটোক পীড়িত কৰে। ভাবে, কোনো প্ৰকাৰে যদি সেই বাসনা পূর্ণ কৰিব পাৰে!

চেষ্টা সি প্ৰাণপণেই কৰিছে, দহ বছৰীয়া ক্ৰোণী জীৱনত এবাৰ আঠ ঠকা আৰু এবাৰ ন টকা পর্যন্ত জমা কৰিছিল, তিল তিল কৰি বজাৰৰ টিফিনৰ খৰচৰ পৰা টকা জমা কৰিছিল, তথাপিও সাধ পূৰ্ণ কৰিবপৰা নাই। প্ৰথমবাৰ ডাঙৰ ল'ৰাটোৰ অসুখত আৰু দ্বিতীয় বাৰ স্ত্ৰী বিমলাৰ অসুখত টকাবোৰ সি উলিয়াই দিব লগা হৈছিল, নিদি উপায় নাছিল। এপইচা হাতত থাকোঁতেও অসহায় ৰোগ যন্ত্ৰণা মানুহে চাই থাকিব পাৰে জানো? ---বিমলাৰ পিতৃদত্ত অলংকাবোৰ সূতিকা গৃহৰ খৰচতে শেষ হৈ গৈছে, যোৱাবাৰ সূতিকা গৃহত যি খৰচ হৈছিল তাৰ বাবে সি পঞ্চাছ টকা ধাৰ কৰিব লগা হৈছিল, তাৰ সুত দিয়াৰ বাহিৰে বিমলাই মূল পৰিশোধ কৰিবপৰা নাই।

তথাপি সি পুনৰ দহ টকা জমা কৰিছে। যত টিউচনি কৰে সেই মালিকৰ হাত-ভৰিত ধৰি সি এটকা বঢ়াই লৈছিল। সেই টকা বিমলাক দিয়া নাই, কোৱাও নাই। বিগত কেইটামান মাহত সি এটকা এটকা কৰি দহ টকা জমা কৰিছে। এইবাৰ সি তাৰ বহু দিনৰ অভিলাষ পূৰ্ণ কৰিবই- কোনো ফালে নাচায় সি।

আজি শনিবাৰ। আগধৰিয়ে ছুটী হ, মেডানত চিনেমাও ভাল লগাইছে। ৰাতিপুৱা হঠাৎ সংকল্প লৈ পেলালে যে আজিয়ে সি যাব- শুভস্য শ্রীঘ্রম!

আবেলি অফিচৰপৰা আহি বিমলাক ক'লে- হেৰা, আমাৰ বিয়াৰ সময়ত লোৱা মোৰ সেই চিঙ্কৰ পাঞ্জাৱীৰ লগতে দেশীয় ধুতিখন বাহিৰ কৰাচোন।

এই একমাত্র চিল্কৰ কাপোৰযোৰ বিগত পাঁচ বছৰত ট্রাঙ্কৰপৰা বাহিৰ হোৱা নাই। বিমলাই বিস্মিত কণ্ঠত সুধিলে- সেইবোৰ আকৌ কিয়? যাব কলৈ?

প্ৰশ্নটো এৰাই গৈ সি পুনৰ ক'লে- দৰ্কাৰ আছে, তুমি বাহিৰ কৰাচোন । এইদৰে কৈ নিখিল নলীনাদৰ পাৰলৈ গ'ল গা ধুবলৈ ৷

কিন্তু বিমলাই কথাটো পাহৰি নগ'ল। গা ধুই উভতি অহাৰ পাছত পুনৰ সুধিলে- হেৰি যাব কলৈ? কত, নিমন্ত্ৰণৰ কথাতো আগতে কোৱা নাই?

নিখিলে ঢোক গিলি ক'লে- নাই নাই, নিমন্ত্ৰণ নহয়, এজন ডাঙৰ মানুহৰ ঘৰলৈ যাম দেখা কৰিবলৈ, আৰু এটা টিউচন যদি পাও!

বিমলাই হুমুনিয়াহ কাঢ়ি কলে- আমাৰ যি কপাল, ভাল টিউচন পাব জানো? পালে ঋণবোৰ পৰিশোধ কৰিব পৰা গ'লহেঁতেন, সময় অসময়ৰ কাৰণে দুই এটকা জমাও কৰিবপৰা গ'লহেঁতেন। যি অৱস্থাত বসবাস কৰি আছো, ভাবিলেও শৰীৰ শিয়ৰি উঠে, আজি যদি কিবা এটা ডাঙৰ বেমাৰ হয়, তেনেহ'লে চিকিৎসা অবিহনেই মৰিব লাগিব। নোৱাৰিব ডাক্তৰ মাতিব, নোৱাৰিব ঔষধ কিনিব।.......চাওঁক, আকৌ শীত আহি আছে, ৰাকেইটাই গাত জাপিবলৈ গৰম কাপোৰ বুলিবলৈ একো নাই।

বিমলাৰ চকু চলচলীয়া হৈ উঠিল। নিখিলে সেইফালে লক্ষ্য নকৰাকৈ খৰধৰ কৰি কাপোৰ-কানি পিন্ধি ওলাই আহিল আৰু চকলৈ আহি এটি টেক্সি মাতিলে।

কিন্তু টেক্সিত উঠি বহাৰ লগে লগে তাৰ ক্ৰোণী মন শিহৰিত হৈ উঠিল। যিজনে প্রতিদিন অভাৱৰ লগত যুঁজ কৰিব লগা হয়, প্ৰতিটো পইচা খৰচ কৰাৰ সময়ত দুৰ্ভাবনা কৰিব লগা হয়, তাৰ স্বভাবে কেতিয়াও ইমান অনাচাৰ সহ্য কৰিব নোৱাৰে। নিখিলৰো এই নিয়মৰ ব্যতিক্ৰম নহ'ল। টেক্সি দৌৰাৰ লগ েলগে আৰম্ভ হল আত্মগ্লানি।

মনত পৰিল বিমলাৰ কথাবোৰ। প্ৰকৃতাৰ্থত সিহঁত যেনেকুৱা অৱস্থাৰ মাজত বসবাস কৰি আছে, ভাবিবলৈ গ'লেও তেজ চেঁচা হৈ আহে। ঘৰত কতো এভৰি সোণ নাই বা কোনো জমা টকা নাই, যে কোনোবাই অসুখত পৰিলে তাৰ চিকিৎসা হব পাৰে! মূৰৰ ওপৰত বিপুল ঋণ, পৰিশোধ কৰাৰো কোনো উপায় নাই। শীত প্ৰায় আহিয়ে গ, ৰাকেইটাৰ আচ্ছাদনৰ কাৰণে কোনো উপায় এতিয়ালৈকে ভাবি উলিয়াব পৰা নাই। এই টকাকেইটাৰ জৰিয়তে হয়তো লৰাকেইটাৰ কাৰণে গৰম কাপোৰৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন।

তাৰ মনত অত্যন্ত অস্বস্তিবোধ হবলৈ ধৰিলে। তাৰ শাৰীৰিক অশান্তিও অলপ আছে- ধাৰণা হবলৈ ধৰিলে, টেক্সিৰ পৰা নামি যাব পাৰিলেই যেন সি বাচি যায়। টেক্সি তেতিয়া চৌৰঙ্গীৰ মাজেৰে দৌৰি আছিল। এই চৌৰঙ্গীত টেক্সিত বহি হাওয়া খাবলৈ কিমান যে সি কল্পনা কৰিছে, তেতিয়া কেনেকৈ বহিব লাগিব সেয়াও পর্যন্ত সি ভাবিছে। কিন্তু এতিয়া সেইফালে কেনোমতেই মন দিব নোৱাৰিলে। প্রকৃতপক্ষে এই দহ বছৰৰ ভিতৰত এই দহ টকাই তাৰ সঞ্চয়। ইমান কষ্টৰ টকা পানীত পেলোৱাৰ পক্ষে কোনো যুক্তিয়ে সি ভাবি উলিয়াব নোৱাৰিলে। এবাৰ ভাবিলে ৰাস্তাত টেক্সি ৰখাই সি নামি যাব- কিন্তু সেয়া ঠিক হৈ নুঠিল, মনস্থিৰ কৰোতে কৰোতে টেক্সি আহি মেডান আহি পালে।

টেক্সিৱালাক দেড় টকা ভাড়া দি বিদায় দিলে। তাৰ পাছত অত্যন্ত ক্লিষ্ট মুখত পেমেণ্টত থিয় হৈ ভাবিবলৈ ধৰিলে সি উভতি যাব নে নাই।

চৰিওফালে দর্শকৰ ভিৰ। টিকটো বিক্ৰী হৈ আছে। বিশেষকৈ চিনেমা হলৰ সন্মুখত থিয় হৈ উভতি যোৱাটো খুবেই টান। নিখিলে মনটোক সান্ত্বনা দিলে যে, এই দহ বছৰে সি যি অমানুষিক পৰিশ্ৰম কৰিছে, এই সামান্য আনন্দ কৰিবলৈ দ্বিধা কৰা তাৰ পক্ষে উচিত নহয়।

বক্স অফিচৰ সন্মুখত থিয় হৈ পকেটৰপৰা টকা উলিয়াবলৈ গৈ তাৰ মনত পুনৰ সেই অস্বস্তিয়ে দেখা দিলে। মনস্থিৰ কৰিব নোৱাৰি মনে মনে সি কষ্ট পাবলৈ ধৰিলে। সমগ্র দেহ ঘামি উঠিল। দহ বছৰৰ সমগ্ৰ অভাৱৰ ইতিহাস প্ৰতিটো টকাত যেন ভিৰ কৰি তাৰ মূৰত সোমাবলৈ চেষ্টা কৰিবলৈ ধৰিলে।

সি টকাকেইটা পকেটত ভৰাই পুনৰ তললৈ নামি আহিল। এইবাৰ আৰু টেক্সি নহয়, এইখিনি ৰাস্তা সি খোজ কাঢ়িয়ে যাব।

(জনসাধাৰণ-১৯-০৬-১৬)

 

                            দুপাট জোতা

মূল বাংলা- গজেন্দ্ৰকুমাৰ মিত্র।

শিৰীষ বাবুৰ যি বিদ্যা-বুদ্ধি সেই তুলনাত সি ৰোজগাৰ খুব কম নকৰে, তথাপিও ভাগ্য সম্বন্ধে ক'ৰবাত তাৰ এক ধৰণৰ অভিযোগ আছে। দুবাৰমান বি,এ ফেল কৰাৰ পাছত যেতিয়া বিপুল সংসাৰৰ ফালে চকু মেলি চাব লগা হৈছিল তেতিয়া চকুত এক ধৰণৰ অন্ধকাৰ দৃশ্যমান হৈছিল। ব্যৱসায় কৰিবলৈ মূলধন নাই, চাকৰিৰ কাৰণে চুপাৰিছ কৰিবলৈ মানুহ নাই এনেকুৱা অসহায় অৱস্থা। বিধবা মাকৰ কন্দা-কটাৰ ফলত এটা অফিচত কোনোমতে সোমাব পাৰিছিল সি। মাকৰ কন্দা-কটায়ো পাৰাৰ এজন কনিষ্ঠ ক্ৰোণীৰ বাহিৰে আন কাকো গলাবপৰা নাছিল। তাৰ যিমানদূৰ সাধ্য সিমানখিনি কৰিছিল। ফলত প্ৰথমাৱস্থাত মাহিলী পঞ্চল্লিছ টকা দৰমহাত ডেচপাচ অৰ্থাৎ সৰল বাংলাত দপ্তৰী বিভাগত সোমাব লগা হৈছিল সি। তাৰ পাছত অৱশ্যে দ্রুত উন্নতি কৰিছে, এতিয়া সৰ্বমুঠ পাঁচশৰ কিছু অধিকে দৰমহা পায়, মূৰ গোজাৰ কাৰণে অকনমান ঠায়ো যোগাৰ কৰিব পাৰিছে। খৰচো ঈশ্বৰৰ কৃপাত পাঁচজনৰ কিছু কম, এজনী ছোৱালী- তাইৰ বিয়া হৈ গৈছে, সংসাৰ বুলিবলৈ গ'লে তেওঁ, তেওঁৰ স্ত্ৰী, এটা লৰা আৰু বিধৱা ভাগিনী। সেই ভাগিনীও বোজা নহৈ প্ৰকৃতপক্ষে কিঞ্চিত স্বাচ্ছন্দ্যৰ কাৰণ হৈছে। কাৰণ তাই নাথাকিলে, স্ত্ৰীৰ যি শৰীৰ- শিৰীয বাবুই দিন-ৰাতিৰ কাৰণে এজনী বনকৰা তিৰোতা মানুহ ৰাখিব লগা হ'লহেঁতেন। ( খোৱা- লোৱাৰ বাবদ ত্ৰিছ টকাৰ কম নহয়- তথাপিও তাইৰ ছুটী আছে, অসুখ আছে, নানান অজুহাত আছে।) এতিয়া বাচন-বৰ্ত্তন মাজাৰ কাৰণে এজনী পাৰ্টটাইম তিৰোতাৰেই চলি গৈছে।

নাই নাই, সেই ফালৰপৰা ভালেই আছে সি। তথাপি সি অদৃষ্ট সম্বন্ধে তিক্ততাবোধ কৰে, তাৰ কাৰণ- তাৰ এই চাকৰিত কোনো উপৰি পাওনা নাই। মোটা বোনাচ পায় বছৰে বছৰে, এবছৰৰ মূৰে মূৰে ভ্ৰমণলৈ যোৱাৰ বাবে ৰে'লভাড়াও পায়, সেয়াও একেবাৰে নগণ্য নহয়; কিন্তু সেয়াতো আটায়ে পায়। এতিয়া এই অফিচৰ বহুতে উপৰিও পায়। বিল চেকশ্বন, এলটমেণ্ট চেকশ্বনত সেয়া পাইছেও বহুতে। ঘোচ বুলি ক'ব নোৱাৰি, সৎ উপায়েই উপৰি আয় হয় এইবোৰ চেকশ্বনত, উপযাচি স্বেচ্ছায় দি যায় মানুহে। এনে ধৰণৰ আয় একো একোজনে কিমান কৰে সেয়া সি টেৰ নোপোৱাকৈ থাকে নেকি? নিশ্চয় টেৰ পায়, একো একোজন লালহৈ গ'ল তাৰ চকুৰ সন্মুখতে। দুশ, চাৰিশ, এনেকি হাজাৰ টকালৈকে স্বেচ্ছায় হাতত গুজি দি যায় এজেণ্ট আৰু ঠিকাদাৰসকলে । সি নিজ চকুৰে তেনেকৈ দিয়া দেখিছে বহুবাৰ। অথচ সি চিৰদিন প্রাণপণ খাটি, দায়িত্বপূর্ণ পদত ভালদৰে কাম কৰি গ', 'ত দায়িত্ব আৰু পৰিশ্ৰমে আছে, উপৰি পাওনা একো নাই। অৱশ্যে উন্নতি যে হোৱা নাই, তেনে নহয়- ভাল কামৰ কাৰণে ভাল উন্নতি হৈছে- কিন্তু যি সোপানেৰে ওপৰলৈ উঠিছে আৰু ওপৰলৈ উঠি য'ত উপনীত হৈছে- তাৰ ওচৰে-পাঁজৰে যোৱাৰ কাৰণেও মানুহৰ গৰজ নাই।

আশ্চর্য তাৰ অদৃষ্ট- কথাটো সি যিমানেই ভাবে সিমানেই আচৰিত হয়- কিমান মানুহেতো পথে-ঘাটে কিমান বস্তু বুটলি পায়, কিন্তু সি এক পইচাৰ বস্তুও কোনোদিন পোৱা নাই- বুটলি পোৱাতো দূৰৰে কথা, যিদিনাৰপৰা ৰোজগাৰ কৰিবলৈ আৰম্ভ কৰিছে, সিদিনাৰ পৰাই জাপে জাপে লটাৰিৰ টিকট কিনি গৈছে, কেতিয়াও এটা পঞ্চাছ টকাৰ প্ৰাইজো উঠা নাই। য'ত যিমান নামকৰা লটাৰি খেল হয়, সকলো খেলৰ টিকট কিনিছে সি, আজিলৈকে কিনি গৈছে ধৈর্য ধৰি- কিন্তু ফল সেই একেই। যিমান টকাৰ টিকট কিনিছে সকলো টকা গোট খুৱালে বৰঞ্চ বহু টকা হাতত থাকিলহেঁতেন। বহু আশা কৰি প্ৰাইজ বণ্ড কিনিলে- তাতো লাভ হল অষ্টৰম্ভা- সেই বাটা টিকিটৰ এবাৰৰ কাৰণেও এটা নম্বৰ নুঠিল। কোনো কোনো সময়ত ধাৰণা হয় তাৰ অফিচৰ বঙ্গচন্দ্ৰ বাবুৰ কথা ঠিক, সকলো হয়তো ভুৱা, সকলো ফাঁকি। প্রকৃততে কোনো লটাৰি খেল নহয়, সকলো বিৰাট ঠগ প্ৰৱঞ্চনা।

সিদিনা এইবোৰ কথাই ভাবি ভাবি আহি আছিল সি, শনিবাৰদিনা অফিচৰপৰা বাৰ বজাত ওলাই শ্যামবজাৰলৈ গৈছিল তাৰ মামা শহুৰেকৰ ফালৰ খুলশালি অক্ৰুৰ ঘোষৰ তালৈ, এতিয়া সি প্ৰায়ে তালৈ যায়। কাৰণ লৰাজন হায়াৰ চেকেণ্ডাৰী পাছ কৰি বহি আছে, ইচ্ছা কৰিয়ে সি কলেজত পঢ়িবলৈ দিয়া নাই। কোনোমতে পাছ কৰিছে- এয়াই যথেষ্ট, আৰু যে অধিক লেখা- পঢ়া নহ'ব- সেয়া সি বুজিব পাৰিছে। যিবোৰ লগ-বন্ধু গোট খাইছে পাৰাত, সিহঁতৰ হাড়ত কতো লেখা-পঢ়া নাই। ৰুক্ষ ৰুক্ষ জঁটলা চুলি, ড্রেইন পাইপ ট্রাউজাৰ, চুটি চোলা- সাজ-পাৰ ইমানখিনি, মুখত সদায় গাঁজামার্কা সস্তীয়া চিগাৰেট আৰু বুক পকেটত ফিল্মষ্টাৰসকলৰ ফটো, কথাই কথাই ৰজা-উজিৰ মাৰে আটয়ে। কাম-কাজ নাজানেও- কৰাৰ ইচ্ছাও নাই, কত থিয় দি তিৰোতা মানুহক জোকায় (আটায়ে হতকুৎসিত আৰু বয়সত ডাঙৰ), মুখত চিটি বজায়। ঘৰ-দুৱাৰ কিনিছে, নহ'লে পাৰা এৰি উঠি গ'লহেঁতেন কেতিয়াবাই। সেয়া যেতিয়া সম্ভৱ নহয়- তেতিয়া যিটো সম্ভৱ সেইটোৰ কাৰণেই উঠি-পৰি লাগিছে। তাৰ তত্ত্বাৱধানতে দৌৰা-দৌৰি কৰিছে অনবৰত। আজি-কালি অফিচলৈ যায় নামমাত্র, চহীটো কৰিয়ে ওলাই আহে ক'বলৈ গলে। সাতাইছ বছৰৰ চাকৰি তাৰ, পকা খুঁটি, চাকৰি যোৱাৰ ভয় নাই। আজি-কালি চহী কৰাৰো খুব তাগিদা নাই, কাৰণ তাৰ এতিয়া লেট মার্ক নহয়। চাকৰি যোৱাৰ যেনেকৈ ভয় নাই- এই অফিচত লৰাটোক সুমুৱাৰো তেনেকৈ ভৰসা নাই। আজি-কালিৰ ভাৰতীয় অফিচাৰসকল চাহাব নহয়, দয়া-মায়া কম তেওঁলোকৰ। ক্ৰোণীৰ আত্মীয়-এইটো কোনো কোৱালিফিকেশ্বনে নহয় আজি-কালি, পৰীক্ষাৰ ওপৰতে যি অলপ আশা। কিন্তু সেই পৰীক্ষা দি তাৰ লৰাই কোনোদিন চাকৰি নাপায়, সেয়া সি জানে। অৱশ্যে তাৰ ইচ্ছাও নাই তাত সুমুৱাৰ- নহ'লে যে কিবা এটা পথ নুলালহেঁতেন সেয়াও নহয়। আচলতে এই ফার্ম সম্পর্কে নানা গুজৱ শুনা গৈছে, এওঁলোকে হয়তো ইয়াৰ অফিচ বন্ধ কৰিয়ে দিব শেষপর্যন্ত। শিৰীষ বাবুৰ ভয় নাই, তাৰ প্রভিডেন্ট ফাণ্ড আছে, পেনচন ঠিক থাকিব, নতুন যিসকলে চাকৰিত সোমাব ভয় সিহঁতৰ। পাঁচ সাত বছৰ চাকৰি কৰাৰ পাছত যদি চাকৰি যায় তেতিয়া লৰাটো অথাই-সাগৰত পৰিব। তেনেকুৱা এটি ঘটনা সিহঁতৰ আত্মীয়মহলত সম্প্ৰতি ঘটিছে। তাৰ পেহায়েকৰ ফালৰ দাদাৰ ল'ৰাই এটি বিলাতী ফাৰ্মত বাশ টকা দৰমহাৰ চাকৰি কৰিছিল- হঠাৎ সেই ফাৰ্ম বন্ধ কৰি দিলে ডিৰেক্টৰসকলে। এতিয়া এই বিয়াল্লিছ বছৰ বয়সত এপাল লৰা-ছোৱালীলৈ কিযে নগুৰ-নাকতি হৈছে তাৰ।

নাই নাই, সেয়া কোনো কামৰ কথা নহয়। দৰমহা কম হ'লেও ভাল- সি কোনো চৰকাৰী অথবা অৰ্দ্ধ চৰকাৰী অফিচতে লৰাটোক সুমুৱাব- যেনেকৈয়ে হওঁক। দৰমহা যেনেকৈ কম- কামো তেনেকৈ কম। বিচাৰিলে, ৰাটোৰ দক্ষতা থাকিলে সৰু-সুৰা ব্যৱসায়ো কৰিব পাৰিব। তাৰ মাজুটো খুলশালিয়েকে চৰকাৰী অফিচত কাম কৰে, সাতমহীয়া ল'ৰাটোৰ নামত ষ্টেচনাৰী চাপ্লাইৰ কাম চলাইছে- অফিচে অফিচে। পাছত তেনেকুৱা কিবা এটা কৰিব পাৰিব। যদি নোৱাৰে তাতো ক্ষতি নাই।সি যি এৰি যাব তাৰ লগত এটা সৰু-সুৰা চৰকাৰী চাকৰি থাকিলে লৰাটোৰ জীৱন ভালদৰেই পাৰ হব।

এই ধৰণৰ এটা চৰকাৰী চাকৰিৰ কাৰণেই যোৱা কেইমাহ ধৰি অক্ৰুৰ বাবুৰ ওচৰলৈ অহা-যোৱা কৰি আছে। অক্ৰুৰ বাবু এটি অৰ্দ্ধচৰকাৰী অফিচৰ অন্যতম বৰবাবু, প্রায় ডেৰ হাজাৰ টকা দৰমহা পায়। কেবামাহ দৌৰা-দৌৰি কৰি মানকচুটো ( বজাৰৰ পৰা কিনি আনি যে টবত গজাইছে বুলি কৈছে, এয়া কোৱা বাহুল্য) গুৰটো(খুলশালিয়েকৰ শহুৰেকৰ ঘৰৰপৰা আহিছে) ঘোচ দি তেওঁক বহু পৰিমাণে নৰ্ম কৰি তুলিছে শিৰীষ বাবুই, আৰু এমাহমান ঘূৰা-ঘূৰি কৰিলেই কিবা এটা ব্যৱস্থা হৈ যাব বুলি ধাৰণা হৈছে তাৰ।

শনিবাৰদিনাও অক্ৰুৰ বাবুৰ অফিচৰপৰা ঘৰলৈ ওভতোতে পলম হয়। সিদিনা দুই বজাৰ পাছত ঘৰলৈ আহি গাড়ী গেৰেজত তুলিবলৈ আদেশ দি শিৰীষ বাবুক দেখি সি কলে- এয়া মাটি কৰিছে আপুনি, গণি গণি আজিয়ে আহিবলৈ পালে৷ যাওঁক, যাওঁক, ঘৰলৈ ওভতাৰ ৰাস্তা দেখকগৈ- বেলেগ কোনোবা দিন কথা হম। কলেজ ষ্ট্রীট, ওয়েলিংটন ষ্টিটত কিবা হাঙ্গামা হৈছে, ট্রামতো ইতিমধ্যে বন্ধ হৈ গৈছেই- বাচো হয়তো বন্ধ হৈ যাব। ঘৰলৈ ওভতিব নোৱাৰিব- মহা অথন্তৰত পৰিব। নাই নাই, আজি কথা নহ; কথা বেলেগ এদিন হম- আৰু কথাতো হৈয়ে আছে। শিৰীষ বাবুই ভয় খালে ঠিকেই, ক্ষুণ্ন হল তাতোকৈ বেছি। আজিৰ দিনটো মাটি হৈ গ'ল। বেটাহঁতে দাঙ্গা কৰাৰ আৰু দিন নাপালে!

দ্ৰুত নহয়, মন্থৰ গতিতেই ওলাই আহিল শিৰীষ বাবু। কোনফালে কি হৈছে সেয়াও ভবা উচিত।

আহি থাকোঁতে এজনে ক'লে- সেইফালে কলেজ ষ্ট্ৰীটত জোতাৰ দোকানবোৰ লুট হৈছে, যিয়ে যি পাইছে লৈ গৈছে। মই ভাই ইয়াৰ মাজত নাইলুটপাত হোৱাৰ অৰ্থ কি, পুলিচে খবৰ পোৱা নাই নেকি এতিয়ালৈকে!

জোতা লুট হৈছে, আ ! মই লৰাটোৰ কাৰণে ঘোচ দি জোতা কিনিব পৰা নাই প্ৰায় এবছৰে। জোতাৰ চোলৰ তলত ডাঙৰ গাঁত হৈ গৈছে!

শিৰীয় বাবু ঘৰৰ ফালে নগৈ কলেজ ষ্টীটৰ ফালে আগবাঢ়িবলৈ ধৰিলে। সন্‌সন্‌কৈ আগবাঢ়িবলৈ ধৰিলে যিমান বেগত পাৰে।

আহি দেখিলে, লুটপাত প্রায় শেষ হৈ গৈছে। নামকৰা দোকানবোৰ আগতেই বন্ধ কৰিছে- মজবুত লোৰ দৰজা। সেয়া এতিয়া প্রাণপণ চেষ্টা কৰি ভালেখিনি কাটিছে। এটা ডাঙৰ ধৰণৰ গাঁত কৰি যিয়ে যিমান পাৰিছে- ভিতৰত সোমাই জোতাৰ বোজা লৈ গৈছেখুবেই খৰধৰ কৰিছে মানুহবোৰে, কাৰণ পুলিচৰ হুইচেলৰ শব্দ শুনা গৈছে।

শিৰীয বাবু এইবাৰ ব্যস্ত হৈ উঠিল।

যিসকলে ওলাই আহিব খুজিছে আৰু যিসকলে ভিতৰলৈ সোমাব খুজিছে-সিহঁতৰ মাজত ইমানেই ঠেলা-ঠেলি হৈছে যে যাৰ বাবে পলম হৈ আছে।

তথাপি আৰু যে সময় নাই!

শিৰীষ বাবুই ইয়াৰ মাজতেই প্রাণপণে ঠেলাঠেলি কৰিবলৈ ধৰিলে আৰু অৱশেষত সি দোকানৰ ভিতৰলৈ সোমাবলৈ সক্ষম হল।

ডাঙৰ দোকান। ভিতৰত অন্ধকাৰ। বাহিৰৰপৰা অহাৰ ফলত আৰু বেছি অন্ধকাৰ ধাৰণা হবলৈ ধৰিলে।

কিন্তু সময় নাই। বাৰে বাৰে পুলিচৰ হুইচেল শুনা গৈছে।

কোনোমতে বিচাৰি বিচাৰি এযোৰ জোতা ললে । আৰু অধিক লোভ কৰিলে পুলিচৰ হাতত পৰিব লাগিব- সেয়ে এযোৰ জোতালৈয়ে সি বাহিৰলৈ ওলাই আহিল কোনোমতে।

সঁচাকৈয়ে তেতিয়া পুলিচৰ লাঠিৰ কোব পৰিছে।

অন্ধৰ দৰেই সি দৌৰ মাৰিলে দিগ্বিদিক্ জ্ঞান নকৰি।

প্রাণ যায় যাওঁক, জোতাযোৰ যাতে হাতৰ বাহিৰলৈ গুচি নাযায়।

কিছুদূৰ অহাৰ পাছত সি থিয় হব লগা হ'ল। উশাহ লব লাগিব। এই বয়সত এইদৰে দৌৰা-দৌৰি সহ্য হয় জানো ! কি কৰিব, ইমানদিন ধৰি ভৰিত জোতা নাই, ইয়াৰ পাছত হয়তো খালী ভৰিত খোজ কাঢ়িব লাগিব।

হাত বুলাই দেখিছে, তাৰ ভৰিৰ জোখৰ জোতাই হয়।

শৰীৰটো অকনমান সুস্থ হোৱাৰ পাছত সস্নেহে জোতাযোৰত হাত বুলাই জোতাযোৰৰ ফালে চালে।

দেখিলে, একেই জোখৰ ঠিকেই- কিন্তু এপাত ক'লা আৰু আনপাত ৰঙা।

প্রথমাৱস্থাত খুব কপালত চপৰিয়ালে ।

তাৰ পাছত চিন্তা কৰিলে, ইয়াৰে এপাত কোনো জোতা মেৰামৰ মুচিক দিলে ৰং একে ধৰণৰ কৰি দিব নোৱাৰিব জানো- যি ৰং পাৰে, আ!

(প্রকাশ- জনসাধাৰণ-২৪-০৪-১৬)

 

                         যাত্রা-পথত

মূল বাংলা- গজেন্দ্ৰ কুমাৰ মিত্র।

দুৱাৰ খুলিয়ে মিনতিয়ে প্রশ্ন কৰিলে- হেৰি, টকা পালে জানো?

ইন্দু বিষণ্নভাৱে মূৰ জোকাৰিলে। টকা সি পোৱা নাই।

ইন্দু এখন কিতাপৰ দোকানত চাকৰি কৰিছিল, চল্লিশ টকা দৰমহা। এজন বড়লোক জামিদাৰে চৌখীন ব্যৱসায় কৰাৰ কাৰণে বহু টকা খৰচ কৰি এখন কিতাপৰ দোকান আৰম্ভ কৰিছিল। শিক্ষিত হ'লেও তেওঁৰ ব্যৱসায় বুদ্ধি একেবাৰেই নাছিল। অথচ তেওঁৰ নিজৰ বিশ্বাস, তেওঁ সৰ্বজান্তা, ফলত খুব সোনকালেই কেইজন মৌমাখি লগ লাগি কিছুমান বাজে কিতাপ প্রকাশ কৰোৱাই ভদ্রলোকৰ মৌ সোনকালেই নিঃশেষ কৰি পেলালেজমিদাৰী বহুদিন আগতেই বিক্ৰী হৈ গৈছিল। ঋণ যিমানখিনি পোৱা সম্ভৱ ইতিমধ্যেই লোৱা হৈ গৈছিল, এতিয়া আৰু কোনো ঠাইৰপৰা এপইচা পোৱাৰ সম্ভাৱনা নাই। সম্প্রতি বেনামত নগদ কিছু মোটা টকা জমা কৰি দেউলীয়া হোৱা বুলি প্ৰচাৰ কৰাৰ চেষ্টাত আছে।

দুমাহ আগত ইন্দু প্রভৃতি কেইজনমান কৰ্মচাৰীক আজৰাই দিয়া হৈছে, কিন্তু সিহঁতৰ আগৰ তিনিমাহৰ যি দৰমহা দিব লগা আছিল সেয়া দিয়া হোৱা নাই, এই দুমাহত ইন্দুই বেলেগ কোনো চাকৰিও যোগাৰ কৰিবপৰা নাই। মালিকৰ ওচৰলৈ দৈনিক ঘূৰা-ঘূৰি কৰি আছে, কিন্তু এটা টকাও আদায় কৰা সম্ভৱ হোৱা নাই।

মেট্রিক পাছ কৰাৰ দুবছৰ পাছতে মিনতিৰ লগত তাৰ বিবাহ হয়। তাৰ পাছত চাকুৰিও পালে আৰু পুত্ৰ সন্তানটো জন্ম হল। কলিকতাত ঘৰৰ্ভাড়া কৰি থাকে। তিনিটা প্ৰাণীৰ আহাৰৰ সংস্থান, কাপোৰ-কানি লোক-লৌকিতা সকলো সেই চল্লিশ টকাত। এটা পইচাও যে ৰাহি হোৱা নাছিল সেয়া কোৱা বাহুল্য। ফলত এই পাঁচ মাহত মিনতিৰ গাত যি সামান্য অলংকাৰ আছিল তাৰ চিন-মোকাম লোপ পাইছে। এতিয়া কতো ঋণ পোৱা নাযায়।

মিনতিয়ে কাতৰ কণ্ঠত কলে- তেনেহ'লে কি হ? ৰাটোৱে কালিৰ পৰা খাবলৈ পোৱা নাই।

ইন্দু চিঙা চোলাৰ পকেটৰ পৰা এটি দুআনি বাহিৰ কৰি ক'লে- টকাতো নাপালো- অৱশ্যে বাবুক বহু তোষামোদ কৰি এখন কিতাপ খুজি লৈছিলো। আলমাৰিৰ মাজত হাজাৰ হাজাৰ পোকে কিতাপ কাটি আছে, তথাপি এখন কিতাপ দিব নুখুজে। যিয়ে হওঁক, বহু কষ্টত সেইখন আদায় কৰি পুৰণি কিতাপৰ দোকানত দুআনাত বিক্ৰী কৰি এই দুআনিটো যোগাৰ কৰিছো।

মিনতিয়ে হুমুনিয়াহ কাঢ়ি কলে- আটাইতকৈ কম পইচাৰ চাউল তিন পোৱামান নহবনে সাত পইচাত?

ইন্দুই কলে- সেয়া অৱশ্যে হব পাৰে-

মিনতি কলে- সেয়াই লৈ আহকগৈ তেনেহ'লে, আৰু এপইচাৰ আলু আনিব। ঘৰত নিমখ অলপ আছে- অন্ততঃ আজি লৰাটোক এমুঠি দিওচোন, তাৰ পাছত-

তাৰ পাছৰ কথাটো ইন্দু বা মিনতি কোনেও ভালদৰে ভাবিব নোৱাৰিলে। মিনতি মাজতে থমকি ৰৈ গ'ল আৰু ইন্দু লৰালৰি কৰি চাউল কিনিবলৈ ওলাই গ'ল।

ঘৰত কাঠ বা কয়লা একো নাছিল, পুৰণি বাতৰি কাকত কিছুমান আছিল, মিনতি সেইবোৰ গোটাবলৈ ধৰিলে।

প্রায় আধা ঘণ্টামান পাছত ইন্দু আহি মাত লগালে- মিনতি-

মিনতি বাহিৰলৈ ওলাই আহি ইন্দুৰ ফালে এবাৰ মাথোন চায়ে থমকি ৰৈ গ'ল। তাৰ চকুযোৰ জবাফুলৰ দৰে ৰঙা, চুলিবোৰ অবিন্যস্ত, চিঙা চোলাটো আৰু চিঙা। ধুতিৰ আঁচলত কিছুমান কি জানো বন্ধা।

মিনতিয়ে ৰুদ্ধকণ্ঠত প্ৰশ্ন কৰিলে- কি - কি হ'?

সেই মোৰৰ দোকানটোত যোৱা নাছিলো,- পইচা দেখিলেই কাঢ়ি লব অথচ চাউলো পোৱা নাযাব। ডাঙৰ ৰাস্তাৰ দোকানৰপৰা চাউল আৰু আলু কিনি আহি আহিছিলো, সেই মানুহজনে কেনেবাকৈ দেখা পাই দৌৰি আহি মোৰ চোলাটোত খামুচি ধৰি কলে- বেলেগ দোকানৰপৰা বস্তু কিনি খোৱা-বোৱা বেচ চলি আছে আৰু মোৰ টকা দিয়াৰ বেলাত নাই। যেনেকৈয়ে হওঁক, আজি পইচা দিবই লাগিব। টনাটনি কৰোতে চিঙা চোলাটো আৰু চিঙি গ, আৰু চাউলবোৰ ৰাস্তাৰ ওপৰত সিঁচৰতি হৈ পৰিল।

মিনতিৰ দুচকুৰে লোতক বাগৰিবলৈ ধৰিলে। তাইৰ সমগ্ৰ অন্তৰ হাহাকাৰ কৰি উঠিল। তাইৰ মুখেৰে এটা শব্দও বাহিৰ নহ'ল।

ইন্দু স্বপ্নাৱিষ্টৰ দৰে কৈ গ'ল- তাৰ পাছত চুবুৰিৰ পাঁচজনমান মানুহ আহি তাক নিৰস্ত কৰিলে; কিন্তু আকাৰে ইংগিতে সিহঁতে কৈ দিলে যে এনেকুৱা জুয়াচুৰি কৰাটো ঠিক হেৱা নাই। ৰাস্তাৰপৰা লাহে লাহে যিমানদূৰ সম্ভৱ চাউলবোৰ গোটাই লৈ আহিছো, চোৱাচোন মাটি ধুই পখালি কোনোমতে ৰান্ধিব পাৰা নেকি........এয়াও আজি সম্ভৱ হল মিনতি।

মিনতিয়ে লাহে লাহে আঁচলৰপৰা সেই ধূলিয়ৰি চাউলবোৰ ঢালি ললেতাৰ পাছত ইন্দুৰ ভৰি ধুৱাই দি বিচিবলৈ ধৰিলে।

ইন্দুই ম্লান হাঁহিমাৰি ক'লে-ইয়াৰ এতিয়া আৰু দৰ্কাৰ নাই মিনতি, ৰাটোৱে কালিৰেপৰা খাবলৈ পোৱা নাই, চোৱাচোন যদি কোনোমতে-

এয়া গৈ আছোবুলি কৈ মিনতি লৰালৰি কৰি গিৰিয়েক-পুতেকৰ কাৰণে ভাত ৰান্ধিবলৈ গ'ল।

ভাত প্রস্তুত। ঘৰৰ মালিক মাতি মাতি সোমাই আহিল- ইন্দু, ইন্দুবাবু শুনিছে নেকি?

ভদ্রলোক ওপৰৰ মহলাৰ কোঠালিত থাকে, তলৰ মহলাৰ বাহিৰ ফালৰ কোঠালিটোত দৰ্জিৰ দোকান আৰু ভিতৰ ফালৰ অন্ধকাৰ কোঠালিটো ন টকা ভাড়াত ইন্দুহঁতক থাকিবলৈ দিছে। ইয়াৰ মাজতো যদি তিনিমাহৰ ভাড়া বাকী পৰে, তেনেহ'লে কোন ভদ্রলোকৰ মেজাজ ঠিক থাকে !

ভদ্রলোকৰ কণ্ঠস্বৰ আৰু উচ্চগ্ৰামত উঠিল- হেৰি, ' মহাশয়, মৰিছে নে জীয়াই আছে?

ইন্দু অপৰাধীৰ দৰে লাহে লাহে বাহিৰলৈ ওলাই আহিল।

, মহাশয় ভাড়া ক?

ইন্দু মনে মনে থিয় দি থাকিল।

কি, মনে মনে আছে যে! আজিও নিদিব নেকি? মনত আছে মোৰ ভৰিত ধৰি পাঁচ দিন সময় লৈছিল? আজিচোন নিশ্চিতভাবে দিয়াৰ কথা। বাৰু, মোৰ আৰু ভাড়াৰ দৰ্কাৰ নাই, আপুনি বিদায় হৈ যাওঁক, বুজিছে।

ইন্দুই হাতযোৰ কৰি বহু কষ্টৰে কিবা কবলৈ গৈ আছিল, ভদ্রলোকজনে বাধা দি কৈ উঠিল- বেচ, আৰু কোনো কথা নহয়, কাইলৈ সন্ধিয়াৰ ভিতৰত সসন্মানে বিদায় নহ'লে পুলিচ মাতি উলিয়াই দিবলৈ বাধ্য হম।

তেওঁ ওপৰ মহলালৈ উঠি গ', ঠিক তেতিয়াই বাহিৰৰ পৰা কাৰোবাৰ কণ্ঠস্বৰ শুনা গল- ইন্দু ঘৰত আছানে?

ইন্দুৰ মুখখন আৰু শেঁতা পৰি গ'ল। এয়া তাৰ বন্ধু বিজয়। ডাঙৰ মানুহৰ লৰা, ৰালিত তাৰ লগত যথেষ্ট বন্ধুত্ব আছিল,

সেয়ে চক্ষু-লজ্জাত তাক পঁচিশ টকা ধাৰ দিছিল। সেয়া আজিলৈ দুমাহমান আগৰ কথা।

ইন্দুই বাহিৰলৈ ওলাই আহি ক'লে- কোন? বিজয়? আহ আহ, ভিতৰলৈ সোমাই আহ।

বিজয়ে উদাসভাবে কলে- নাই নাই ভাই, নবহো, কাম আছে। হয়, ব খুজিছো সেই টকাকেইটাৰ কথা, আজি দিব পাৰিবি নেকি? মোৰ আকৌ ভাই তাগিদা কৰিবলৈ লাজ লাগে, কিন্তু প্রয়োজনটো ডাঙৰ, সেয়ে....

ইন্দু বিষণ্ণ কণ্ঠত কলে- আজিতো -

বাৰু বাৰু, কাইলৈ দিলেই হব দে'চোন- উত্তৰলৈ অপেক্ষা নকৰি বিজয় গুচি গ'ল ।

ইন্দু লাহে লাহে ভিতৰলৈ সোমাই আহিল। মিনতি বহু কষ্টৰে অশ্ৰু সম্বৰণ কৰি থিয় দি থাকিল। ইন্দুই হঠাৎ তাইৰ হাতত ধৰি ক'লে- মৰিব মই পাৰো মিনতি; কিন্তু তোমালোকৰ কথা মনত পৰিলে সেই ইচ্ছা নাথাকে। তোমালোকৰ কি হ? তাৰ পাছত তাইৰ হাত এৰি দি হুমুনিয়াহ কাঢ়ি কলে-কিয় যে তেতিয়া মাৰ কথা শুনি আৰু বন্দুসকলৰ উৎসাহত বিয়া কৰাইছিলো !

মিনতিয়ে আঁচলেৰে মুখমণ্ডল মচি কলৈ- আহা, খাবাহি।

ভাতৰ কাঁহীৰ ফালে অগ্ৰসৰ হৈ ইন্দুই কলে- এয়া কি, সমগ্র ভাত দেখোন মোকে বাঢ়ি দিছা?

মিনতিয়ে কলে- লৰাটোৰ খোৱা হৈ গৈছে।

আৰু তুমি? তোমাৰ

তায়ো দুদিন খোৱা নাই; কিন্তু তাৰ মাজৰপৰা তাইৰ কাৰণে কিছু ৰাখিবলৈ তাইৰ হাত উঠা নাই। সামান্য সেমেনা-সেমেনি কৰি তাই কলে- চৰুত এতিয়াও ভাত আছে।

ইন্দুই কলে- মোক আভুৱা নাভাঁৰিবা, সঁচা কথা কোৱা।

মিনতি মনে মনে থাকিল।

ইন্দুই ক'লে- ছিঃ ছিঃ মিনু,- যিমান দিন আছে দুজনেই ভগাই খাম।

ইন্দু আধা ভাত খাই উঠি পৰিল আৰু মিনতিক জোৰ কৰি সেই পাতত বহুৱাই দিলে।

আহাৰ গ্ৰহণৰ পাছত শতছিন্ন মলিয়ন বিছনাৰ ওপৰত বহি ইন্দুই লাহে লাহে কলে- মিনু, সকলোৰে ওচৰতকাইলৈ সন্ধিয়ালৈকে মেয়াদ? কাবুলিৱালাৰ পৰা পাঁচ টকা লৈছিলো, সুদে-মূলে এতিয়া প্ৰায় হৈ টকা হৈছে, সি আজি স্পষ্টভাৱে কৈ গৈছে, টকা দিব নোৱাৰিলে ঘৰৰ বস্তু-বাহানিবোৰ উলিয়াই লৈ যাব। অৱশ্যে নাই একোৱে; কিন্তু ইয়াত হয়তো তোমাৰ বেইজ্জত...হঠাৎ তাৰ কণ্ঠ ৰুদ্ধ হৈ আহিল, খন্তেক ৰৈ সি পুনৰ কলে- আজি ৰাইজে নিৰক্ত কৰিছে, কাইলৈ টকা নিদিলে বাহিৰলৈ ওলাবপৰা নাযাব। বাৰু তুমি- তুমি তোমাৰ দেউতাকৰ ঘৰলৈ.....

ইন্দুই চল্‌চলীয়া চকুত কলে- কোন আছে তাত? এজন ককাইদেউ, কুৰি টকা দৰমহা পায়, নিজৰ ল'ৰা-ছোৱালীলৈয়ে সি বিব্ৰত, তালৈ মই কেনেকৈ যাম?

বহু সময় নীৰৱে অতিবাহিত হোৱাৰ পাছত মিনতিয়ে কলে- তুমি তোমাৰ মাহীয়েৰাকলৈ দেখোন চিঠি লেখিছিলা, তাৰ কোনো উত্তৰ পাইছা নেকি?

ইন্দুই কলে-নাই, কোনো উত্তৰ পোৱা নাই, জয়পুৰলৈ চিঠি যাওঁতে আৰু আহোঁতে যিমানে পলম নহওঁক কিয় আঠদিনতকৈ বেছি দিন লগা সম্ভৱ নহয়, কিন্তু আজিলৈ বাৰ দিনে হ, কোনো উত্তৰ নাই!

পাছমুহূৰ্ততে ম্লান হাঁহিমাৰি ক'লে- তেওঁলোক ডাঙৰ মানুহ, ইফালে আমি দুখীয়া- উত্তৰ যে নাপাও সেয়া মই আগতেই জানিছিলো। ইয়াত যিমান বন্ধু আৰু আত্মীয়-স্বজন আছে কাৰো ওচৰলৈ যাবলৈ বাদ নাই, কিন্তু ফল কি হল সেয়াতো তুমি নিজেই দেখিছা?

নিশা গভীৰৰ পৰা গভীৰতৰ হবলৈ ধৰিলে। উভয়ে মুখামুখি হৈ বহি থাকিল, কাৰো মুখত শব্দ নাই। কি আৰু কব! অৱশেষত প্রায় দুই ঘণ্টাৰ নিস্তব্ধতা ভংগ কৰি মিনতিয়ে কলৈ-বলা, আমি ক'ৰবালৈ গুচি যাওগৈ।

যাম কলৈ, মিনতি?

বাটৰ ভিকহু হৈছো, ভিক্ষা কৰি খাম। আৰু সেয়াও যদি নাপাও তেনেহ'লে আটায়ে মা গংগাত ডুবি মৰিম।

ইন্দুই কলে- বলা, সেয়াই কৰোগৈ মিনতি বহু ভাবিছো, কিন্তু জীয়াই থকাৰ কোনো উপায়ে দেখা নাই।

আৰু কিছু সময় নীৰৱে পাৰ হ, মিনতি কান্দি আছিল, কিন্তু ইন্দুৰ চকুত লোতক নাছিল, কিন্তু বুকুখন যেন নীৰৱ কান্দোনত ভাঙি পৰিছিল। হঠাৎ কাষৰ গছজোপাৰ পৰা কাউৰী কুলি মাতি উঠাত জ্ঞান হ, ৰাতিপুৱাবলৈ আৰু বিলম্ব নাই।

ইন্দুই ক'লে- মিনু, ৰাতি পুৱাল, লা এতিয়াই ওলাই যাওঁগৈ। লৰাটোক টোপনিৰপৰা জগাই কোলাতলৈ স্বামী-স্ত্রী  নিঃশব্দে ঘৰৰ পৰা ওলাই পৰিল। খালী হাতত সিহঁত মৰিবলৈ গৈ আছে, শতছিন্ন শয্যা, কাঁহী-বাটিৰ প্ৰয়োজন কি সিহঁতৰ?

কিন্তু গলিৰ মোৰলৈ যাওঁতেই দেখা হল গুৱালৰ লগত, ইতিমধ্যে লৰাটোৰ কাৰণে যি গাখীৰ লোৱা হৈছিল তাৰে কিছু পইচা গুৱালে পাব লগা আছে। সি পোনেপোনে চিঞৰি উঠিল- হেৰা, মনে মনে পলাই আছা নেকি, ঠাকুৰ? দুখীয়াৰ টকা মাৰি এতিয়া পলোৱা হৈছে! সেইবোৰ নচলিব, মোক টকা দিয়াৰ পাছত যোৱাগৈ।

গুৱালজন অগ্ৰসৰ হৈ ইন্দুৰ কাষলৈ আহি ইতৰ ভাষাত গালি দিলে। সেই গণ্ডগোলত মুদিও বাহিৰলৈ ওলাই আহিল ৷

ঘটনাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি মুদি দৌৰি আহি ইন্দুৰ হাতত ধৰি চালা, জুৱাচোৰ' বুলিয়ে সজোৰে ঠেলা মাৰিলে।

ইন্দুৰ মূৰটো গৈ কাষৰ লাইটপোষ্টত খুন্দা খালে। লগে লগে সি ৰাস্তাৰ ওপৰত বাগৰি পৰিল। মিনতি আৰ্তনাদ কৰি উঠিল।

মিনতিৰ আৰ্তনাদ শুনি কাষৰ ঘৰবোৰৰ পৰা মানুহ ওলাই আহিল। এজন আছিল ডাক্তৰ, তেওঁ লৰালৰি কৰি সংজ্ঞাহীন ইন্দুক পৰীক্ষা কৰি কলে-মূৰৰ আঘাতটো খুবেই ঘোৰতৰ হৈছে, অৱশ্যে এতিয়াই হাস্পতাললৈ পঠালে হয়তো এই যাত্রা বাচি যাব পাৰে।

ঠিক তেতিয়াই গলিৰ মোৰত টেলিগ্রাম পিয়নক দেখা গ, ইন্দুৰ নামত আড়াইশ টকাৰ এটি জৰুৰী টেলিগ্ৰাম মানি অৰ্ডাৰ আছিল। তাৰ জয়পুৰৰ মাহীয়েক কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল কাৰণে সময়মতে ইন্দুৰ চিঠি পোৱা নাছিল, উভতি আহি চিঠি পোৱা মাত্ৰকে টকা পঠাই দিছে। কুপনত লেখা আছিল, সকলো ঋণ পৰিশোধ কৰি সি যেন সপৰিবাৰে জয়পুৰলৈ গুচি আহে।

(জনসাধাৰণ-২০১৬)

 

                  নাৰী আৰু নাগিনী

 মূল বাংলা- তাৰাশংকৰ বন্দোপাধ্যায়

ইটাৰ পুঁজিৰপৰা খোৰা শ্বেখে ইটা উলিয়াই আছিল। খোৰা শ্বেখৰ প্ৰকৃত নাম কোনেও নাজানে- বোধহয়খোৰাৰ নিজৰো মনত নাই। সেই শৈশৱত তাৰ বাঁও ভৰিটো ভঙাৰ পাছৰেপৰা সি খোৰা নামেৰে পৰিচিত হৈ পৰিছে। মাথোন বাঁও ভৰিটোৱে নহয়, যৌৱনত কৰা কদাচাৰৰ ফলত কুৎসিত ব্যাধিত নাকটোও চেপেটা হৈ গৈছে। নাকৰ ঠাইত দেখা যায় মাথোন, এটি বীভৎস গহ্বৰ। তাৰ পাছত তাৰ বসন্ত উঠে, কুৎসিত খোৰা সেই বসন্তৰ ফলত দেখিবলৈ অধিক ভয়ংকৰ হৈ উঠিছে। খোৰা মনে মনে ইটা উলিয়াই আছিল। অলপ আঁতৰৰপৰা অদাই উৰফে ওৱাহেদ শ্বেখ গাড়ীলৈ আহিল৷ গৰু দুটাৰ নেজত ধৰি মুচৰি দি সি গীত জুৰিলে। এটি অশ্লীল গীত। কিন্তু হঠাৎ তাৰ তাল ভংগ হল। গৰু দুটা হঠাৎ থমকি ৰৈ গ'ল। অদাই এটি জোকাৰণি খাই গীত গাবলৈ এৰি কৈ উঠিল- চালাৰ গৰু ৰৈ গ'লি কিয়? এইদৰে কৈ সি দুটাৰ অবাধ্যতাৰ কাৰণে শাস্তি দিবলৈ প্ৰচণ্ড ক্ৰোধত এছাৰিডাল দাঙিলে। গৰু দুটাই ক্রমাগতভাবে ফোচ্ ফোচ্ গৰ্জন কৰি আছিল। অদাইৰ প্ৰহাৰ কৰা নহল । সি চিঞৰি উঠিল- খোৰা, সাপ..সাপ।

অদাইৰ গাড়ীৰ সন্মুখতে এটি সৰ্প শিশু ফেট তুলি গাটো লাহে লাহে সঞ্চালন কৰি আছিল। অদাই গাড়ীৰপৰা জাঁপ মাৰি নামি এটা ইটা দাঙি ললে। খোৰা সিফালৰপৰা খোৰাই খোৰাই দৌৰি আহিবলৈ ধৰিলে। সি কলে-নামাৰিবি অদাই, নামৰিবি- ৰমই আহি আছোঁ।

অদাই হাতৰ ইটাটো দাঙিয়ে থাকিল। সি কলে- কি ধুনীয়া সাপ! মুখখন সেন্দুৰৰ দৰে টিক্‌টিকীয়া ৰঙা। মুৰৰ চকৰিটোও চকুত লগা.…... কিন্তু পলাল পলাল, সোনকালে আহ্‌।

সাপডাল দ্রুত গতিত পলাবলৈ ধৰিলে। সি গৈ আছিল খোৰাৰ ফালেই.... অদাইক পিছ পেলাই পলোৱাই তাৰ উদ্দেশ্য। খোৰাক সি দেখা নাই।

খোৰাই ৰিঙিয়াই মাতি কলে- দেচোন অদাই, তোৰ এছাৰিডাল দলি মাৰি দে... এয়া গ, পুঁজিৰ ভিতৰলৈ সোমাই গ'ল৷

সাপডাল উদয় নাগ, এই সাপ বৰ বেছি দেখা নাযায়। ধৰিব পাৰিলে কিছু উপাৰ্জন হ'লহেঁতেন!

খোৰা সাপৰ ওজা। মাথোন ওজাই নহয়, সাপলৈ সি খেলাও কৰে। ঘৰৰ চালৰ মাৰলিত মুখবন্ধ ডাঙৰ ডাঙৰ ডলা বন্ধাই থাকে। তাৰ ভিতৰতে সি সাপবোৰ বন্দী কৰি ৰাখে। শীৰ্ণ হৈ গলৈ দূৰৈৰ পথাৰলৈ নি সি সিহঁতক এৰি দি আহে। বহু সাপ মৰিও যায়। যেতিয়া সাপ থাকে, তেতিয়া খোৰা মজদুৰি নকৰে। তেতিয়া খোৰাক বৃহৎ ঢাক আৰু বাঁহী লৈ সাপ নচুৱাবলৈ যোৱা দেখা যায়। ৰোজগাৰো বেয়া নহয়। কিন্তু তেতিয়া গাজা-আফিঙৰ সেৱনৰ মাত্ৰাও বৃদ্ধি পায়। কেতিয়াবা কেতিয়াবা মদো চলে। ফলত সাপবোৰ শেষ হোৱাৰ লগে লগে খোৰা শ্বেখ পুনৰ কোৰ-কাঁচিলৈ ওলাই পৰে। অৱস্থাপন্ন গৃহস্থৰ দুৱাৰলৈ গৈ বীভৎস মুখখন আগবঢ়াই কয়- হাজিৰা লব নেকি, হাজিৰা?

সি তোষামোদ কৰি হাঁহে বীভৎস ভয়ংকৰ মুখ আৰু বীভৎস আৰু ভয়ংকৰ হৈ উঠে। কাম পালে সি প্রাণপণে খাটে- কামত সি ফাঁকি নিদিয়ে। যিদিনা কাম নাপায়, সিদিনা কোৰ-পাচিলৈয়ে ভিক্ষা মাগিবলৈ আৰম্ভ কৰি দিয়ে। ভিক্ষা কৰি যি পায় তাৰে গাজা আফিং কিনে। কিনাৰ পাছত যদি কিবা অলপ ৰৈ থাকে, তেনেহ'লে চুলাই মদ গিলি ঘৰলৈ উভতি আহি জোবেদা বিবিৰ ভৰিত ধৰি কান্দিবলৈ আৰম্ভ কৰে আৰু কয়- মোৰ হাতত পৰি তোৰ দুৰ্দশাৰ আৰু সীমা নোহোৱা হল। খাবলৈ নিদি তোক মাৰি পেলালো।

জোবেদাই তেতিয়া হাঁহি হাঁহি গিৰিয়েকৰ মূৰত হাত বোলায় আৰু কয়- এৰি দে, ভৰি এৰি দে, বলিয়ালি নকৰিবি, এৰি দে মোক- চাওঁ চাউল দুটামান পাও নেকি! খোৰাৰ কান্দোনৰ বেগ বাঢ়ি যায়। এইবাৰ সি জোবেদাৰ ডিঙিত সাৱটি ধৰি কয়- কেতিয়াও তোক এযোৰ নতুন কাপোৰ আনি দিব নোৱাৰিলো। পুৰণি ফটা-চিঙা কাপোৰ পিন্ধিয়ে তোৰ দিন গ'ল।

এইবোৰ কথা থাকক। পাছদিনা দোকমোকালিত খোৰা ইটাৰ পুঁজিৰ কাষত উপস্থিত হল। হাতত এডাল সৰু লাঠি। কাষলতিত এটি ডলা। পূৰ্বদিশৰ দিগন্ত-ৰেখাত ৰক্তিমাভা দেখা দিবলৈ আৰম্ভ কৰিছে। গছৰ ডালত চৰাইবোৰ মূহুর্মুহু কলৰৱ কৰি আছে। গাঁৱৰ কোনোবা হিন্দু মন্দিৰত মংগল আৰতিৰ শংখ-ঘণ্টা বাজি আছে। এটি ওখ ঢাপৰ চাৰিওফালে খোৰাই সতৰ্ক তীক্ষ্ণ দৃষ্টি বুলাবলৈ ধৰিলে।

পূৰ্বদিশৰ ৰঙা ৰং ক্রমশঃ গাঢ়ৰপৰা গাঢ়ৰ হৈ দিগন্তত বিস্তৃতি লাভ কৰি আছিল। সেই ৰঙৰ আভাত পুঁজিৰ পোৰা ৰঙা ইটাবোৰ আৰু অধিক ৰঙা হৈ উঠিছিল। খোৰাৰ মলিয়ন কাপোৰখনতো সেই ৰঙা ৰঙৰ ছাপ পৰিছিল। খোৰা বহাৰপৰা উঠি থিয় হল।

সৌৱা, সৌটোৱে নহয়নে!

নাতিদূৰত প্ৰান্তৰৰ বুকুত বোধহয় সেই সৰ্প শিশুটোৱে পূৰ্বাকাশৰ ফালে মুখ কৰি ফেট তুলি খেলা কৰি আছিল৷ প্ৰাতঃসূৰ্যৰ ৰক্তিমাভাত তাৰ ৰং যেন গাঢ় ৰঙা বৰণ ধাৰণ কৰিছিল। সেই ৰঙা ৰং ৰঙৰ ফেটৰ মাজত থকা ঘন কলা চকৰি চিহ্নই অপূর্ব শোভা ধাৰণ কৰিছিল। পখিলাৰ ৰঙা পাখিৰ মাজত কলা বৰ্ণৰেখাৰ দৰেই সেয়া মনোৰম দেখা গৈছিল। খোৰা মুগ্ধ হৈ গ'ল। সি নিজকে নিজে ক'লে-বাঃ!

তাৰ পাছত সি লাহে লাহে সপশিশুৰ ফালে অগ্ৰসৰ হল। সপশিশু উদীয়মান সূৰ্যৰ অভিনন্দনত ইমানেই মগ্ন হৈ আছিল যে খোৰাৰ পদশব্দতো তাৰ খেলা বন্ধ নহ'ল। একেবাৰে কাষলৈ যোৱাৰ পাছতহে সি সচকিত হৈ খোৰাৰ ফালে মুখ ঘূৰালে। পাচমুহূর্ততে সি গর্জন কৰি খোঁট মাৰিলে। কিন্তু সি আৰু ফেট তুলিব নোৱাৰিলে। খোৰা ক্ষিপ্রভাবে বাঁও হাতৰ লাঠিৰে সাপডালৰ মুৰটো হেঁচি ধৰিলে আৰু সোঁহাতেৰে তাৰ নেজত ধৰি দুবাৰ জোকাৰি দি সাপডাল ভালদৰে নিৰীক্ষণ কৰি ক'লে- সর্পিনী!

ছমাহ পাছৰ কথা। গাজাৰ দোকানৰপৰা আহি খোৰাই জোবেদাক কলে- এয়া চা, কি আনিছো!

জোবেদাই চোতাল সাৰি আছিল। তাই চোতাল সাৰি সাৰিয়ে ক'লে- কি?

কাপোৰৰ কোঁচ খুলি খোৰাই এপদ সৰু চক্‌চকীয়া বস্তু উলিয়াই হাতৰ তলুৱাত লৈ জোবেদাৰ সন্মুখত ধৰিলে। এটি পালিচপাত! নাকত পিন্ধা অলংকাৰ।

জোবেদাই ক'লে- ইমান সৰু পালিচপাতেৰে কি হ'?

খোৰাই হাঁহি মাৰি ক'লে- বিবিক পিন্ধাই দিম।

জোবেদা অবাক হৈ গ'ল। খোৰা হাঁহি মাৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। তাৰ পাছত ডিঙিত এডাল সাপ মেৰিয়াই বাহিৰলৈ ওলাই আহিল । সেই সাপডাল ইমানদিনে আৰু অলপ ডাঙৰ হৈছে। কিন্তু আগৰ সেই তেজ নাই। শান্ত আক্রোশহীনভাবে মূৰটো অকনমান দাঙি খোৰাৰ ডিঙিত লাহে লাহে বগাই আছে।

জোবেদাই ক'লে- চোৱা, কাষলৈ নাহিবা। যিমানইে তেজহীন নহওঁক কিয়, জাতক বিশ্বাস নাই।

হাঁহি মাৰি খোৰাই কলে- বিশ্বাস নাই ইহঁতৰ বিষদাঁতক! নহ'লে ইহঁতেওতো ভাল পায় জোবেদা। ইয়াৰ বিষদাঁত নাই।

বিষদাঁত নাই, বেলেগ দাঁততো আছে।

তা, মোক দেখোন কামোৰা নাই! কেনেকৈ ভাল ছোৱালীৰ দৰে বিবি মোৰ ডিঙিত বগাই আছে। চাচোন! এইদৰে কৈ সি সাপডালৰ ওঁঠ দুটা চেপি ধৰি তাৰ মুখত চুমা খালে।

জোবেদা বিস্মিত নহল। কাৰণ এই দৃশ্য তাইৰ বাবে নতুন নহয়। কিন্তু তাই বিৰক্তভাবে কলে- ছিঃ ছিঃ ছি-! তোমাৰ ঘিণ-পিত নাই নেকি? কিমানবাৰ তোমাক এইদৰে চুমা খাবলৈ বাৰণ কৰিছো। কোৱাচোন!

জোবেদাৰ কথাত খোৰাই গুৰুত্ব নিদিলে। সি ক'লে- চা’-চা’! কেনেকৈ মোৰ হাতখন মেৰিয়াই ধৰিছে, চাচোন! জান, সৰ্পিনী আৰু সাপে যেতিয়া খেলা কৰে, তেতিয়া ঠিক এনেকৈ সাৱটা-সাৱটি কৰে। দেখিছ নেকি কেতিয়াবা? আঃ! সেয়া দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া !

জোবেদাই কলে- সেইবোৰ দেখি মোৰ কাম নাই, তুমি দেখিছা সেয়াই মোৰ কাৰণে যথেষ্ট। কিন্তু তোমাৰ খেলাও ইয়ে শেষ কৰিব। সেয়া জানিবা!

খোৰাই তেতিয়া এটি বেজীলৈ সাপডালৰ নাক ফুটা কৰিবলৈ লাগি গৈছে। ভৰিৰ আঙুলিৰে সাপডালৰ নেজ আৰু বাঁও হাতেৰে মুখখন চেপি ধৰিছে। সোঁহাতত বেজীলৈ নাক ফুটা কৰি পালিচপাত পিন্ধাই সাপডাল এৰি দিলে। যন্ত্রণা আক্ৰোশত সাপডালে পুনঃ পুনঃ খোৰাক খোঁট মাৰিবলৈ ধৰিলে। ডলাৰ ঢাকনিটো ঢালৰ দৰে সন্মুখত ধৰি সাপৰ আক্ৰমণ প্ৰতিৰোধ কৰি খোৰাই কলে- খং নকৰিবি, বিবি, খং নকৰিবি। চাচোন, কিমান ধুনীয়া দেখাইছে তোক! দেচোন জোবেদা, আৰ্চিখন দেচোন। চাওঁক এবাৰ নিজৰ চেহেৰা।

জোবেদাই কলে- মই নোৱাৰিম।

দেদে’! তোৰ ভৰিত পৰো, এটা বাৰৰ কাৰণে দেচাওঁচোন, ইয়াৰ চেহেৰা চাই ই কি কৰে!

জোবেদা স্বামীৰ এই অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলে। তাই আৰ্চি অনাৰ কাৰণে ঘৰৰ ভিতৰলৈ সোমাই গ'ল।

খোৰাই মাতি কলে- অকনমান সেন্দুৰো আনিবিচোন অনুগ্ৰহ কৰি।

জোবেদাই ঘৰৰ ভিতৰৰ পৰাই প্রশ্ন কৰিলে- কিয়, কি হ?

পৰম কৌতুকত হাঁহি মাৰি খোৰাই কলে- আগতে আন, পাছত দেখিবি, আগতইে নকওঁ।

জোবেদাই আৰ্চি আৰু সেন্দুৰ আনি অলপ আঁতৰত নমাই থলে।

খোৰাই সুকৌশলেৰে বিবিক ধৰি এটুকুৰা কাঠিৰ আগত সেন্দুৰ লগাই সাপডালৰ মুৰত এটি ৰঙা ৰেখা আঁকি দিলে। তাৰ পাছত হাঃ হাঃকৈ হাঁহি মাৰি ক'লে- ইয়াক মই নিকাহকৰিলো। জোবেদা আজিৰপৰা তোৰ সতিনী হল। তাৰ পাছত সাপডালক উদ্দেশ্য কৰি কলে- চাচোন, চাবিবি, তোক কেনে ধুনীয়া দেখাইছে, চাচোন! এইদৰে কৈ সাপডাল এৰি দি সি আৰ্চিখন তাৰ সন্মুখত ধৰিলে। তাৰ পাছত বৃহৎ ঢাকটো বজাই অনুনাসিক সুৰত গীত জুৰিলে-

নাজানো.. নাজানো এনেকুৱা হ

গোকুল ত্যাগী কৃষ্ণ মথুৰালৈ যাব

নাজানো নাজানো...

আৰু কেইদিনমান পাছত।

বাৰিষা কালিৰ মাজভাগত প্ৰচণ্ড ধুমুহা-বৰষুণৰ কাৰণে খোৰা ঘৰলৈ উভতিব পৰা নাই। সি ৰাতিপুৱা কামলৈ ওলাই গৈছে। জোবেদা অকলেই আছিল ঘৰখনত। ঘৰৰ ভিতৰত কিবা যেন এক ধৰণৰ গোন্ধ ওলাইছে। গোন্ধটো মৃদু। কিন্তু মিঠা আৰু কিবা এক নতুন ধৰণৰ। ইফালে সিফালে ঘূৰি-ফিৰি দেখিও তাই একো বুজিব নোৱাৰিলে।

দুদিন পাছত খোৰা ঘৰলৈ উভতিল। বৰুণ দেৱতাক এটি অশ্লীল গালি দি ক'লে- কিবা এটা খাবলৈ দেচোন। বৰ ভোক লাগিছে।

জোবেদাই ঘৰৰ ভিতৰলৈ গৈ এখন কাঁহীত পান্তা ভাত বাঢ়ি দিলে। ভৰিৰ বোকা-মাটি ধুই খোৰা ঘৰৰ ভিতৰত প্ৰৱেশ কৰি কলে- কিহৰ গোন্ধ, চোন জোবেদা?

জোবেদাই কলে- ধৰিব পৰা নাই। কিছুদিনৰ পৰাই ঘৰৰ ভিতৰৰপৰা এনেকুৱা গোন্ধ ওলাই আছে।

খোৰাই একোকে নক'লে। সি মাথোন ঘন ঘনকৈ উশাহ টানি গোন্ধৰ স্বৰূপ নিৰ্দ্ধাৰণ কৰিবলৈ চেষ্টা চলালে। সি ইফালে

সিফালে ঘূৰি-পকি আহি বিবিৰ ডলাৰ কাষত থিয় হ'ল। মানুহৰ পদশব্দত ডলাৰ ভিতৰত নাগিনীটো গৰ্জন কৰি উঠিল।

খোৰাই কলে- হুঁ!

জোবেদাই ঔৎসুক্যতাৰে সুধিলে- কি, কোৱাচোন?

খোৰাই ক'লে- বিবিৰ গাৰ গোন্ধ। সপিনীতো, সাপৰ লগত দেখা কৰাৰ সময় হৈছে। সেয়ে এই গোন্ধ। এই গোন্ধত সাপ আহে।

জোবেদা অবাক হৈ গ'ল। কলে-নাজানো, তোমালোকৰ কথা, তোমালোকেই ভালদৰে বুজি পাবা। লোৱা, পান্তাকেইটা খাই লোৱা।

পান্তা খোৱাৰ মাজতে খোৰাই কলে-ইয়াক পথাৰলৈ নি এৰি দি আহিব লাগিব। এই সময়ত ইয়াক ধৰি ৰখাটো উচিত নহব। এটি গভীৰ হুমুনিয়াহ এৰি কথা শেষ কৰিলে খোৰাই।

জোবেদাই পৰম আশ্বাসত নিশ্বাস এৰি ক'লে- সেয়াই ভাল হ, ইয়াক মই দুচকুৰে দেখিব নোৱাৰো। ইমান সাপ মৰে, ই নমৰে কিয়?

পান্তা খাই খোৰাই ডলা খুলি বিবিক বাহিৰলৈ উলিয়াই আনিলে। বিবিৰ মুখখন চেপি ধৰি সি বহু আদৰৰ কথা ক'লে।

: এয়া চোৱা, বহুদিন ইয়াৰ দাঁত সৰোৱা হোৱা নাই। নতুন দাঁত গজিছে। আৰু মায়া কৰি কি লাভ হব! যোৱা ইয়াক এৰি দি আহাগৈ।

: চাচোন, চা, মোৰ হাতখন কেনেকৈ মেৰিয়াই ধৰিছে, চাচোন!

খোৰাই আবেলি বিমৰ্ষভাবে বহি আছিল। সি বিবিক কাষৰ জংঘলত এৰি দি আহিছে।

জোবেদাই ক'লে- এনেকৈ বহি আছা কিয়? গাজা-টাজা খাই লোৱাচোন।

খোৰাই ক'লে- বিবিৰ কাৰণে মনটো কেনেবা লাগি আছে!

জোবেদাই হাঁহি মাৰি ক'লে- তোমাৰ কথা শুনিলে মোৰ শৰীৰ জ্বলি যায়!

: সঁচাকৈয়ে জোবেদা মনটো বৰ বেয়া লাগি আছে!

জোবেদাই এইবাৰ স্বামীৰ কাষত বহি আদৰ কৰি ডিঙিত সাৱটি ধৰি ক'লে- কিয়, মোক ভাল নালাগে?

সাদৰে তাইক চুম্বন কৰি খোৰাই ক'লে- তোৰ কাৰণেইতো জীয়াই আছো, জোবেদা! তই মোৰ জীৱনতকৈও অধিক।

জোবেদাই কৈ উঠিল- চোৱা, চোৱা, বিবি উভতি আহিছে। সৌৱা চোৱা নলাৰ কাষত......

পানী নিৰ্গত হোৱা নলাৰ কাষত সঁচাকৈয়ে বিবি ফেট তুলি ঘূৰি আছিল।

খোৰাই উঠিবলৈ চেষ্টা কৰি ক'লে- ৰধৰি আনি আছো।

জোবেদাই স্বামীক প্রাণপণে সাৱটি ধৰি ক'লে- নাই নাই, নালাগে ! তাৰ পাছত তাই কৰ্কশ কণ্ঠত কলে- যা যা, গুচ্ গুচ্। এইদৰে ডাবি মাৰি তাই বাঁও হাতেৰে এটুকুৰা গোৱৰ শুঁঠি বুটলি লৈ সাপডাললৈ বুলি দলি মাৰিলে। সাপডালে ক্ৰোধত গর্জন কৰি মাটিৰ ওপৰত কেইবাৰমান খোঁট মাৰি লাহে লাহে নলাৰ পৰা ওলাই গ'ল।

তেতিয়া বোধহয় নিশা দ্বিপ্রহৰ। জোবেদা চিঞৰি উঠিল- উঠা, উঠা, কিহবাই যেন মোক খুঁটিছে।

খোৰাই ধৰ্‌ফৰাই উঠি খৰধৰকৈ চাকি জ্বলাই দেখিলে, জোবেদাৰ বাঁও ভৰিৰ আঙুলিত সঁচাকৈয়ে পানীৰ বিন্দুৰ দৰে এফোঁটা তেজ টলমল কৰি আছে।

বিবি, তোমাৰ বিবিয়ে মোক খুঁটিছে, সৌৱা, চোৱা....

এটি ডলা মেৰিয়াই ধৰি নগিনীটো লাহে লাহে বগাই আছিল। খোৰা খৰধৰ কৰি বিবিক এটি ডলাৰ মাজত বন্দী কৰি কলে- জোবেদা যদি নাবাচে, তেনেহ'লে তোক মই শেষ কৰি দিম।

জোবেদা নাবাচিল। সূর্যোদয়ৰ লগে লগে তাইৰ দেহত মৃত্যুৰ লক্ষণে দেখা দিলে। মূৰৰ চুলি ধৰি টানোঁতেই চুলি উঠি আহিল।

জোবেদাৰ চিকিৎসাৰ কাৰণে যিসকল ওজা আহিছিল, সিহঁত গুচি গ'ল। ভয়ংকৰ বীভৎস মুখমণ্ডল সকৰুণ কৰি খোৰা জোবেদাৰ শিতানত বহি থাকিল।

এজন ওস্তাদে কলে- তয়ো গলিহেঁতেন! তই ভাগ্যৰ বলতে জীয়াই আছ! সিহঁতৰ বৰ আক্রোশ, হয়তো তোক খুঁটিবলৈয়ে আহিছিল।

সজল চকুত খোৰা ওস্তাদৰ মুখৰ ফালে চাই নাকাৰাত্মকভাবে মূৰ জোকাৰি ক'লে- নাই নাই, মোক নহয়, তাইকে খুঁটিবলৈ আহিছিল। নাগিনীয়ে তাইক সহ্য কৰিবপৰা নাছিল।

খোৰাই এতিয়া ফকিৰী লৈছে। তাৰ ভেটিটো ধ্বংসস্তুপত পৰিণত হৈছে। খোৰাৰ ঘৰৰ কাষেদিয়ে এটি সৰু পথ আছিল। সেই পথটো এতিয়া বন্ধ... সেই ফালেৰে এতিয়া কোনেও নাযায়। কয়, সাপৰ ভয়সাপবোৰ ডাঙৰ উদয় নাগ। ৰাতিপুৱা সূর্যোদয়ৰ সময়ত ৰঙা ৰঙৰ সাপবোৰে ফেট তুলি খেলা কৰি থাকে।

খোৰাই বিবিক বধ কৰিবপৰা নাছিল। তাইক সি এৰি দিছিল। কৈছিল- মাথোন তোৰে নহয়, নাৰীৰ স্বভাৱে এনেকুৱা। জোবেদায়ো তোক সহ্য কৰিবপৰা নাছিল।

( গণ অধিকাৰ- ৯ জুন/২০১৪)

              

 তিস্তাই সকলো কৰিব পাৰে।

মূল বাংলা- তাপস কুমাৰ বিশ্বাস

 

নাম?

তিস্তা সৰকাৰ।

ঠিকনা?

ৰ এ বাই টু, সন্ধ্যা এপার্টমেন্ট। বাৰাকপুৰ।

কিমান দিনৰপৰা এই ব্যৱসায়ত নামিছা ?

ইজ ইট ৰেলিভেণ্ট?

ওঁঠ চেপিলে গাখীৰ ওলাব অথচ ফোঁচ ফোঁচনি চোৱা! কাষৰ চকীৰপৰা নন্দবাবুই শ্লেষ মিহলি কণ্ঠত কলে।

মা-দেউতাই জানে? জেনেৰেল ডায়েৰীৰ পাতত চকু নিৱন্ধ কৰি জেৰা কৰিলে অমিতাভ বাবুই। তেওঁ এতিয়া জি, আৰ, পি থানাৰ আই অ' মানে ইনভেষ্টিগেটিং অফিচাৰ।

প্রথমে সন্দেহ উপজিছিল ৰূপাৰ। মানে আৰ, পি, এফৰ তেজোদীপ্ত লেডি কনষ্টেবল ৰূপা সামন্তৰ। দেউতাক, খুড়াক অথবা মোমায়েকৰ কাষত কোনেও ইমান নিৰ্জনত ৰে'লৰ ষ্টেবল দবাৰ কোঠালিত আধা খোলা খিড়িকীৰ আঁৰত তেনেকৈ নিবিড় হৈ জোকৰ দৰে শৰীৰলগ্না হৈ বহি নাথাকে। ছোৱালীজনী অসুস্থ নেকি? দেউতাকৰ কান্ধ আৰু কোলাত আশ্ৰয় লৈ তেনেকৈ শুই আছে? মনৰ মাজত সন্দেহৰ পেণ্ডুলাম দুলি উঠিছিল ৰূপাৰ। ভদ্ৰলোকজনৰ লগত বয়সৰ ইমান পার্থক্য! দবাৰ ভিতৰৰ এন্ধাৰ আৰু দৃষ্টিৰপৰা দূৰত্বত থকা কাৰণে ভালদৰে দেখা নগলেও চাল-চলনত ক'ৰবাত যেন অলপ সন্দেহৰ অৱকাশ উপলব্ধি কৰিছিল ৰূপাই। তথাপিও তাই প্রথমে সহকৰ্মীসকলৰ লগত খোজত খোজ মিলাই আগবাঢ়ি গৈছিল। নিয়মানুসাৰে ভিখাৰী, গুণ্ডা, বদমাছসকলক খেদি ফুৰাৰ বাটত নিৰ্দিষ্ট খিড়িকীত তাইৰ চকু পুনৰ থমকি ৰৈ গৈছিল। নহয়, মানে মনে মনে দৃঢ় হৈছিল ৰূপা। এই সম্পর্ক কোনো স্বাভাৱিক সম্পর্ক নহয়, ৰবাত যেন পার্থক্য আছে। জাঁপ মাৰি তাই দবাৰ ভিতৰলৈ সোমাই গৈছিল আৰু সহকৰ্মীসকলক অবাক কৰি ভদ্ৰলোকজনক ধৰি পেলাইছিল- কলৈ যাব এতিয়া ?

মহিলা আৰক্ষীৰ গৰ্জন সহ্য কৰিব নোৱাৰি ভদ্ৰলোকজন কোনোমতে ৰূপাৰ হাতৰপৰা সুলকি সংগীনিক পেলাই থৈ বাঘে খেদা বন গাহৰিৰ দৰে পিছফালৰ দুৱাৰেদি পলাই সাৰিছিল।

কোন আছিল আপোনাৰ লগত? মার্জিত অথচ গম্ভীৰ কণ্ঠত জানিবলৈ বিচাৰিছিল ৰূপাই।

বেনিফিট অৱ ডাউট নহয়, সন্দেহৰ দোমোজাত দোদুল্যমান হৈ নহয়, অপৰাধীক নিশ্চিত শৰৱিদ্ধ কৰিব পাৰি আনন্দত টগবগাই উঠিছিল ৰূপা।

কষ্টমাৰ ! নির্লিপ্ত অথচ দৃঢ়কণ্ঠত উত্তৰ দিছিল তিস্তাই।

ৰৌদ্ৰোজ্জ্বল আকাশত হঠাৎ বজ্রপাত হলে থমকি ৰৈ যোৱাৰ দৰে থমকি ৰৈ গৈছিল ৰূপা আৰু তাইৰ সংগীসকল। তাইৰে সমবয়সীয়া উগ্র উজ্জ্বল সুন্দৰী এজনীয়ে এইদৰে কনফেচকৰিব পাৰে! খঙত সিসিৰাই উঠিছিল ৰূপাৰ হাতৰ লাঠিডাল।

নহয় ৰূপা, নহয়। আইন কেতিয়াও হাতত তুলি নলবা। বাধা দিছিল সহকর্মী অফিচাৰ বিশ্বনাথ বাবুই। এওঁক লৈ বলা, জি, আৰ, পিক হেণ্ডঅভাৰ কৰি দিয়া।

কেছটো ছাৰ বৰ ইন্টাৰেষ্টিং । গতিকে আমিয়ে ডিল কৰিম। উল্লসিত হৈ কৈছিল নমিতা হাজৰাই। নমিতা ৰূপাৰ সহযোগী।

নাই নাই, আমি নোৱাৰো। ৰে'লৰ সম্পত্তি ৰক্ষা কৰাৰ দায়িত্ব আমাৰ। আইন ৰক্ষা কৰিব জি, আৰ, পিয়ে। নতুন কৈ কামত যোগদান কৰা মহিলা আৰক্ষীক বুজাই কৈছিল বিশ্বনাথ বাবুই।

ৰূপা আৰু নমিতা ননম্বৰ প্লেটফৰ্মৰ ষ্টেবল দবাৰ ৰেকৰ পৰা নমাই আনিছিল তিস্তাক। চার্জশিট দি পঠাইছিল ছাউথ ষ্টেচনৰ জি, আৰ, পি থানাত।

কি হ? উত্তৰ দিয়া নাই যে? মাক-দেউতাকে জানে নেকি তুমি এইবোৰ কৰি ফুৰিছা? তিস্তাৰ চকুত চকু থৈ সুধিলে অমিতাভ বাবুই।

কি উত্তৰ দিব! এই প্ৰশ্নৰ উত্তৰ জানো আছে? তিস্তাৰ হৃদয়ৰ হাঁহি ওঁঠত উপচি পৰিল। সমগ্ৰ বিশ্বৰ কোনো মাক- দেউতাকে বিচাৰিব নেকি যে সিহঁতৰ সন্তান এনেকুৱা উৎকট জেৰাৰ সন্মুখত বিচলিত হওঁক। ঊনৈছৰ দেওনা পাৰ হৈ বিছৰ জখলাত ভৰি থলেও তিস্তা এতিয়া বহু কিবা-কিবি জানি গৈছে। এই চহৰৰ ধূলি-বালিৰ ৰন্ধ্ৰে ৰন্ধে জমি থকা ক্লেদ খোঁচৰি খোঁচৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে প্ৰয়োজনীয় আলাউদ্দিনৰ চাকি এতিয়া তাইৰ হাতৰ মুঠিত। সৌভাগ্যক্রমে এওঁ থানাৰ খাকী পোছাক পিন্ধি বহি আছে, নহলে গম পালেহেঁতেন তিস্তাৰ যাদুমন্ত্ৰৰ শক্তি কিমান! মনে মনে আওৰালে তিস্তাই।

দেউতাকৰ নাম?

চিন্তাৰ পাহাৰত আকৌ স্খলন হল তিস্তাৰ। ডিঙিত মেৰিয়াই ৰখা সেউজ বৰণৰ ওৰণাখন লাহেকৈ বুকুৰ ওপৰত বিন্যস্ত কৰি উত্তৰ দিলে তাই চন্দন সৰকাৰ। আইৰ নাম ৰীতা সৰকাৰ, আতাৰ নাম......

মই তোমাৰ জীৱনী লেখিবলৈ বহা নাই। চৈধ্যপুৰুষৰ বংশলতা জানি মোৰ লাভ নাই। বৰ দুপৰীয়া বাজে জঞ্জালত সোমাই পৰাৰ কাৰণে বিৰক্ত হৈ উঠিল অমিতাভ বাবু। এনেয়ে শনিবাৰ, তাতে আকৌ মহিলা। মহিলাতো নহয়, বিষাক্ত নাগিনী। লেডিছ লকআপৰ যি অৱস্থা, শেষমুহূৰ্তত কত কি হৈ যায় কোনে জানে!

লগৰ মানুহজন কোন আছিল?

কাষ্টমাৰ। কিমানবাৰ ক? প্রাজ্ঞ শিক্ষয়িত্ৰীৰ দৰে ওলোটাই ধমকি দি প্রশ্ন সুধিলে তিস্তাই।

যিমানবাৰ সুধিম, সিমানবাৰ। অৱৰুদ্ধ খঙত গর্জি উঠিল অমিতাভ বাবু- এই লাইনত কিমান দিন?

মেত ছেকেণ্ড এনিভাৰ্ছাৰি ছেলিব্রেট কৰিম। এইদৰে কৈ পদুমৰ ঠাৰিৰ দৰে আঙুলিৰে কপালৰ ওপৰত বিক্ষিপ্তভাবে পৰি থকা চুলিবোৰ আঁতৰালে তিস্তাই।

কথা কোৱাৰ ঢং চোৱা! মোৰ নিজৰ ছোৱালী হলে গাত ক্ৰোচিন ঢালি পুৰি মাৰিলোহেঁতেন। ইমান সময় মুখ বুজি সহ্য কৰি থকাৰ পাছত কাষৰ চকীৰ পৰা গৰ্জি উঠিল নন্দ বাবু; প্রষ্টিটিউচনৰ আকৌ জন্মদিন ছেলিব্রেট!

আই অৱজেক্ট। মেজৰ ওপৰত চাপৰ মাৰি চিঞৰি উঠিল তিস্তা। শৰীৰৰ ভংগীৰ লগত খাপ খোৱাকৈ কথা কোৱাৰ ঋজুতা প্রত্যক্ষ কৰি চমকি উঠিল নন্দ বাবু। মুখত বা ব্যৱহাৰত প্ৰকাশ নকৰিলেও ভয় খালে অমিতাভ বাবু নিজেও। পুলিচৰ চাকৰিত সোমোৱাৰ পাছত ইমানদিনে কম চোৰ, গুণ্ডাৰ লগত মোকাবিলা কৰিব লগা হোৱা নাই; কিন্তু স্পষ্ট আৰু পোনপটীয়াভাবে নিজৰ দোষ স্বীকাৰ কৰা ক্রিমিনাল এই প্রথম দেখিলে তেওঁ। তদুপৰি পুলিচ বিভাগত অমিতাভ আৰু নন্দ বাবুৰ বেলেগ বদনাম আছে। ভাল মানুহৰ বদনাম। শব্দত অশ্লীলতাৰ পয়োভৰ নাই। এনেকি চালাও নহয়। লাঠিতো দূৰৰে কথা চৰ-থাপৰ মাৰিবলৈ গলেও হাত কঁপে। কিন্তু এতিয়া এই মুহূৰ্তত এই এচিকটামান ছোৱালীৰ দপ্‌দপনি দেখি ভাল মানুহৰ বিশেষণ বিসর্জন দি গর্জি উঠিবলৈ ইচ্ছা গ'ল উভয়ৰ। নন্দবাবুৰ দৰে অমিতাভ বাবুৰো ইচ্ছা গল গাত কেৰাচিন ঢালি নহয়, ড্ৰয়াৰ টানি ৰিভলভাৰ উলিয়াই এটা এটাকৈ ছজাঁই গুলী ছোৱালীজনীৰ বুকুত বিদ্ধ কৰিবলৈ। তথাপি ডিউটি অফিচাৰৰ চকীত বহি মনৰ কোণত ক'ৰবাত যেন বাজি উঠিল ব্যথাৰ মৃদু দুন্দুভি। ছোৱালীজনীৰ মাক-দেউতাকৰ দুখত পমি যাবলৈ ইচ্ছা জাগিল। আকৌ ইচ্ছা গল লংকা ছাৰখাৰ কৰা খঙত দাউদাউ কৰি জ্বলি উঠিবলৈ, সেই জুইত ছোৱালীজনীৰ মাক-দেউতাকক পুৰি মাৰিবলৈ। সিহঁতেই হয়তো সংসাৰৰ তাড়নাত সদ্য প্রস্ফুটিত গোলাপৰ দৰে ছোৱালীজনীক ৰাস্তাত, প্লেটফৰ্মত, ৰে'লৰ দবাত নমাই দিছে সমাজৰ আদিম পুঁজিৰে ব্যৱসায় কৰিবলৈ। কোনে জানে এওঁৰ প্ৰফেছন অভাৱৰ, নে স্বভাৱৰ!

এইটো তোমাৰ জমিদাৰীৰ তালুক নহয়। শাওণৰ ঘন মেঘৰ দৰে গৰ্গৰ্‌ উঠিল মতাভ বাবুৰ কণ্ঠস্বৰ। ভাল মানুহ নহয়, পুলিচৰ কাঠিন্যৰে নিজক প্ৰস্তুত কৰি জানিবলৈ বিচাৰিলে- কোন আছিল তোমাৰ লগত?

ঠিক নাজানো দিলীপ মুখার্জী, নে আন কিবা নাম! অমিতাভ বাবুৰ হঠাৎ পৰিৱৰ্তনত ভয় খাই কলে তিস্তাই।

ঃ কিমান দিনৰ পৰিচয় ?

ঃ কালিৰ পৰা। স্বাগতোক্তিৰ দৰে জনালে তিস্তাই।

: তোমাক এৰি পলাল কিয়?

আপোনালোকৰ টনা-টনি, জ্বলা-কলা আৰু ৰেগিঙৰ ভয়ত। আকৌ নিজৰ দম্ভ, নিজৰ ষ্টাইলত উভতি আহিবলৈ চেষ্টা চলালে তিস্তাই।

ঃ আৰ, পি, এফৰ মুখত শুনিলো, মানুহজনৰ যথেষ্ট বয়স হৈছে, তোমাৰ দেউতাৰৰ বয়সৰ.…......

: তাতকৈও হয়তো বেছি।

ছিঃ ছিঃ ! মানুহৰ কেনেকুৱা ৰুচি! নিজৰ ছোৱালীৰ বয়সৰ ছোৱালী এজনীৰ লগত স্ফূৰ্তি কৰিবলৈ বিবেকে বাধা নিদিয়ে নে! তাকো প্রকাশ্য দিবালোকত। ৰে'লৰ ষ্টেবল দবাত। স্প্রিং লগোৱা পুতলাৰ দৰে মূৰ ঘূৰাই কলে নন্দ বাবুই।

আই লাইক দেম। মই সিহঁতক পছন্দ কৰোঁ। আই লাইক দোজ্‌ পাৰভাৰটেড ফেলোজ।

তিস্তাৰ স্পষ্ট স্বীকাৰোক্তিত স্তব্ধ হৈ গ'ল থানাৰ পৰিৱেশ- পোহৰ-বতাহ।

বাট দিছ এ পাব্লিক প্লেচ। গর্জি উঠিল অমিতাভ বাবু।

আই লাইক ইট। প্রকাশ্য দিবালোত, তেনেকুৱা পাব্লিক প্লেচত সিহঁত সিমান হিংস্ৰ হব নোৱাৰে। জনপ্ৰিয় কোনো ছিৰিয়েলৰ অভিনেত্ৰীৰ ভংগী সৰি পৰিল তিস্তাৰ কথাত।

আৰু তুমি! তোমাৰ লাজ নালাগে? প্রচ্ছন্ন ঘৃণা ছটিয়াই কাষৰ চকীৰপৰা নন্দ বাবুই জানিব বিচাৰিলে।

লাজ নালাগিব কিয়? লাগে আৰু পাঁচজনী গৃহস্থ ঘৰৰ ছোৱালীৰ দৰে তাইৰো লাজ লাগে। তিস্তাই জানে, লাজ নাৰীৰ ভূষণ, নাৰীৰ অহংকাৰ, নাৰীৰ গৰ্ব; সেই ভূষণ, সেই অহংকাৰ, গৰ্ব দুভৰিৰে গচকি তাই ধ্বংসৰ বাটত ভৰি থৈছে। কাৰণ পার্যমানে স্বাধীনতা উপভোগ কৰাৰ কাৰণে পৰামৰ্শ দি পৰিমিতাই কৈছিল- শৰীৰৰ তাপত পুৰি মাৰ পুৰুষৰ লোভ, কামনা- বাসনাক। ধৰি লোৱা, এয়া এক ধৰণৰ ব্যৱসায়। মূলধন তোৰ আদব-কায়দা, আকৰ্ষিত কৰাৰ ভংগী, কথা-বতৰা, চাৱনি আদি । ভালপোৱা উজাৰি দিয়াৰ অভিনয় কৰিবি; কিন্তু সাৱধান মনত ৰাখিবি তই গৃহস্থ ঘৰৰ ছোৱালী। কাৰো লগত বিছনাত নুশুবি। যি কৰিবি সেয়া ওপৰে ওপৰে কৰিবি। বৃদ্ধ ঘোঁৰা ধৰি ধৰি আনি জবাই কৰিবি, তাৰ পাছত টুকুৰা-টুকুৰ কৰি চিৰিয়াখানাৰ পশুৰ সন্মুখত মঙহ দলিওৱাৰ দৰে দলিয়াই দিবি।

পৰিমিতাৰ কথা শুনি থৰথৰ কৰি কঁপি উঠিছিল তিস্তা। সেই নাৰ্ছাৰীত পঢ়া সময়ৰ পৰা তাই পৰিমিতাক জানিছিল। তাইতকৈ চাৰি বছৰৰ ছিনিয়ৰ পৰিমিতা সিহঁতৰ দলপতি আছিল। পৰিমিতাৰ স্মাৰ্টনেছ, ষ্টাইল, দুচকু ভৰি উপভোগ কৰিছিল তিস্তাই। পৰিমিতাৰ কাষলৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিল। পৰিমিতাৰ গোলাপী পুতলাৰ দৰে শৰীৰ ছুই চাবলৈ মন গৈছিল। ইচ্ছা জাগিছিল পৰিমিতাৰ লগত গল্প কৰিবলৈ। পৰিমিতাৰ ষ্টাইল নকল কৰিবলৈ। তিস্তা তেতিয়া ক্লাছ ফৰৰ ছাত্ৰী আৰু পৰিমিতা ক্লাছ এইটৰ। তিস্তাৰ শৰীৰত বসন্ত চো চো কৰিছে আৰু পৰিমিতাৰ শৰীৰত বসন্ত উপচি পৰিছে। ৰং-ৰস ৰূপৰ অহংকাৰত সোণৰ পাল্কীত উঠি ঘূৰি ফুৰিছিল পৰিমিতা। নিজৰ শ্ৰেণীৰ মৌমিতাৰ বাহিৰে কাকো তাই পাত্তা নিদিছিল। তিস্তাতো দূৰৰে কথা। জুনিয়ৰ, এধানমান ছোৱালী!

ইচ্ছা আৰু জেদৰ খেদা খাই যেতিয়া পৰিমিতাৰ কাষ পালে, তিস্তা তেতিয়া কলেজৰ গণ্ডী পাৰ হৈ আহিছে। ঘৰৰ ভিতৰত বহি বহি শৰীৰত মেদ জমা কৰাতকৈ কম্পিউটাৰ আৰু কেৰিয়াৰ ডেভেলপ্‌মেণ্টৰ ক্লাছত ভৰ্তি হৈছে। দুপৰীয়া দুই বজাত ক্লাছ। শনিবাৰৰ আবেলি। বাৰবেলা। ডাউন কৃষ্ণ নগৰ লোকেলত লটাৰী জিকাৰ দৰে বহাৰ ছিট পাইছে। গাড়ীৰ জোকাৰণিতেই হওঁক অথবা বাতৰি কাকত পঢ়াৰ অজুহাতত ইচ্ছা কৰিয়ে হওঁক, পঞ্চাশোৰ্দ্ধ সহযাত্ৰী এজনৰ কিলাকুটি সিদিনা বাৰে বাৰে তিস্তাৰ শৰীৰ ছুই গৈছিল। চৰম অস্বস্তিৰ পাছত তাই প্রতিবাদ কৰি উঠিছিল- ভদ্রভাবে বহক, ভাৱক আপোনাৰ কাযত নিজৰ ছোৱালী এজনী বহি আছে।

বাতৰি কাকত ভাঁজ কৰি থৈ কোনো কথা কোৱাৰ আগতেই বিপৰীত ফালৰ একেবাৰে কোণৰ খিড়িকীৰ কাষৰপৰা যিবোৰ শব্দ ভাহি আহি তিস্তাৰ কাণত পৰিছিল সেই সুৰ তাইৰ বহুদিনৰ চিনাকি আছিল। চেহেৰাৰপৰা সামান্য স্থূলতা মচি পেলাই ৰমিতাক চিনি লবলৈ ভুল হোৱা । তিস্তাৰ। তাইৰ স্কুলীয়া জীৱনৰ আদৰ্শ পৰিমিতা। তিস্তাক জুনিয়ৰ ছাত্ৰীৰ দৰে উপেক্ষা কৰি তৰ্জন-গৰ্জন কৰি ট্ৰেইনৰ সমগ্ৰ কোঠালি গৰম কৰি তুলিছিল পৰিমিতাই- সেই কেতিয়াৰপৰা ছোৱালীজনীক দিগদাৰি কৰি আছে আৰু আপোনালোকে প্রতিবাদ নকৰি সেয়া এনজয়কৰি আছে। ছিঃ ছিঃ! বৰদৈচিলাৰ ধুমুহাতকৈও অধিক দপ্‌দপাই উঠিছিল পৰিমিতা। বলপূর্বক ৰে'লৰপৰা নমাইছিল তিস্তা আৰু তিস্তাৰ কাষত বহি থকা সেই স্থূলকায় নিৰীহ যাত্ৰীজনক দমদম ষ্টেচনৰ প্লেটফৰ্মত। ফাঁক বুজি পৰিমিতাই যাত্ৰীজনৰ কাণৰ গুৰিলৈ মুখ নি ফুচফুচাই কৈছিল- পাঁচশমান টকা দিয়ক। নহ'লে পুলিচ মাতিম। পকেট উদং কৰি চাৰে তিনিশ টকা পৰিমিতাৰ হাতত গুজি দি মানুহজনে কোনোমতে নিস্তাৰ পাইছিল।

স্তম্ভিত, স্থৱিৰ নিশ্চল হৈ পৰিছিল তিস্তা। এয়া কোন পৰিমিতা বাইদেউ ! তাইৰ সপোনৰ, তাইৰ ৰূপ কথাৰ, তাইৰ আদৰ্শৰ ৰাণী পৰিমিতা বাইদেউ নেকি এওঁ?

উঠ সোনকালে। সপোনৰ জড়তা ভাঙোতে ভাঙোতেই পৰিমিতাই তিস্তাক টানি ৰে'লৰ দবাত তুলিছিল। অলপ পলম হলেই হয়তো চলন্ত ৰে'লৰ চকাৰ তলত পৰিলহেঁতেন!

কিযে কয় নন্দ দা। নামমাত্র লাজ সন্মান থাকিলে জানো এই লাইনত আহে! কলে অমিতাভ বাবুই।

অমিতাভ বাবুৰ কথা কাণত পৰাৰ লগে লগে চমকি উঠি বৰফ হোৱাৰপৰা ৰক্ষা পৰিল তিস্তা।

সেয়াই আছিল আৰম্ভণী। চাৰে তিনিশ টকাৰ দুশ নিজে ৰাখি ডেৰশ টকা তিস্তাৰ পাৰ্চত গুজি দি কৈছিল পৰিমিতাই- পাপ নহয়, এয়া তোৰ প্ৰাপ্য। তোৰ গাত কিলাকুটি স্পৰ্শ কৰাৰ মূল্য।

হাত ঘুৰাই মূৰ জোকাৰি তিস্তাই কৈছিল- নাই নাই, মোৰ টকাৰ দৰ্কাৰ নাই।

নিশ্চয় আছে। টাটা, বিৰলা, আম্বানীৰ দৰকাৰ আৰু তোৰ দৰ্কাৰ নাই! দুপৰীয়াৰ প্লেটফৰ্মৰ ভিৰৰ পৰা গা বচাই ধমকি মাৰিছিল পৰিমিতাই।

নাই নাই, সঁচাকৈয়ে দৰকাৰ নাই। সিদিনা অলপো মিছা কোৱা নাছিল তিস্তাই। তাইৰ দেউতাক বেংকৰ মেনেজাৰ। মাক মহকুমা অফিচৰ হেডক্লার্ক। দুজন আয়ৰ সংসাৰত শৰীৰ বিক্ৰী কৰি টকা ৰোজগাৰ কৰাৰ কোনো প্রয়োজন নাছিল তিস্তাৰ। দৰকাৰ নাছিল নিজক হেয় কৰাৰ। পূৰা এটা সপ্তাহ পৰিমিতাৰ কথা ভাবি ভাবি তাই দিন ৰাতি একাকাৰ কৰিছিল। আৰু এসপ্তাহ পাছত তাই পৰিমিতাৰ লগত দেখা কৰিছিল। পৰিমিতাই এজনী এজনীকৈ পৰিচয় কৰাই দিছিল মনোলীনা, দেৱিকা, ৰিংকী আৰু মুনমুনৰ লগত। পৰিচয় কৰাই দিছিল সুনন্দনৰ লগতো। পৰিমিতাৰ ডাক্তাৰ স্বামী সুনন্দন বোসৰ লগত। মানুহৰ ডাক্তাৰ নহ'লেও গৰু, ছাগলীৰ ডাক্তৰীত যথেষ্ট সুনাম আছিল সুনন্দনৰ। সুনন্দনৰ প্ৰতিপত্তিৰ কথাও তিস্তাই জানিছিল। তাই অবাক হৈ ভাবিছিল, স্বামী হৈ সুনন্দনে কেনেকৈ সহ্য কৰে পৰিমিতাৰ ৰোজগাৰৰ উৎসৰ কথা! এবাৰৰ কাৰণেও হিংসাত জ্বলি নুঠেনে সুনন্দন? টকাৰ কাৰণে স্ত্ৰীৰ শৰীৰত পৰপুৰুষৰ স্পৰ্শ অঁকা থাকিব, ই কেনে কথা!

কথাটো সোধোতে সুনন্দনে হাঃ হাঃকৈ হাঁহি মাৰি কৈছিল- থাককচোন ক্ষতি কি? তোমাৰ বাইদেউৰাইতো কাকো বিছনাত বিলাই দিয়া নাই। এয়া এক প্ৰকাৰৰ খেলা।

সুনন্দনক অতিক্ৰম কৰি মন্তব্য কৰিছিল পৰিমিতাই- এয়া এক প্ৰকাৰৰ প্ৰফেছন।

নাই নাই, প্রফেছন নহয়, প্রষ্টিটিউচন। ট্রেড ইউনিয়নৰ নেতাৰ দৰে প্ৰতিবাদত জাঙুৰ খাই উঠিছিল তিস্তা।

তিস্তাৰ এই প্ৰতিবাদ পৰিমিতা, মুনমুন, মনোলীনাৰ হাঁহিৰ জোৱাৰত উটি গৈছিল। ঠিক তেনেতে সুনন্দনে খপ কৰি তাইক সাৱটি ধৰি লাহেকৈ কপালত চুমা আঁকি দি কৈছিল- লোৱা, চুৱা কৰি দিলো, প্ৰসাদ কৰি দিলো, এতিয়া প্রেম বিতৰণ কৰি পৰপুৰুষক ধন্য কৰাগৈ, নহ'লে ৰঙা শাৰী পিন্ধি ওৰণি টানি পুতলাৰ দৰে আনৰ ঘৈণী হৈ বছৰৰ পাছত বছৰ সন্তান উৎপাদন কৰি স্বামী, শহুৰৰ সেৱা কৰাগৈ, যোৱা।

সেয়াই আছিল আৰম্ভণী। দুমাহ তেৰ দিন পাছত সুনন্দনৰ নৈহাটীৰ ঘৰত তিস্তাই নতুন প্ৰফেছনৰ দ্বিতীয় হেপী বার্থডে ছেলিব্রেট কৰিব। মমবাতি জ্বলিব তিনিডাল, নুমাই যাব দুডাল। হাত চাপৰিৰ শব্দত ঘৰ ভৰি পৰিব। সুৰ ভাহিব হেপী বাৰ্থডে টু ইউ…….সাৱধান পঞ্চাছ বছৰৰ তলৰ কোনো কাষ্টমাৰ নধৰিবি। পৰিমিতাৰ বাণী সাৰোগত কৰি এতিয়া তিস্তাৰ ৰমনীয় অৱস্থা। এতিয়া তাই সকলোকে চেৰ পেলাই গৈছে। কম্পিউটাৰ শিকা, কেৰিয়াৰ গাইডেঞ্চ চাঙত তুলি থৈছে। এতিয়া তাইৰ নিচা টকা উপাৰ্জন। তাইৰ সপোনত, তাইৰ জ্ঞানত, তাইৰ টোপনিত, তাইৰ জাগৰণত এতিয়া মাথোন উৰি ফুৰে টকা। বহু বহু টকা।

দুই এবাৰ ধৰা পৰো পৰোকৈ সাৰি গৈছে তিস্তা। দেউতাকৰ ওচৰত, মোমায়েকৰ ওচৰত। চুবুৰিৰ খুড়াক, জেঠাক, ককায়েকৰ ওচৰত। জি, আৰ, পিৰ ওচৰত। চৰ চকু অন্ধ কৰা ধূলিৰ ধুমুহাত আৰু আজলি ছোৱালীৰ অভিনয় কৰি তাই কেবাবাৰো সাৰি গৈছে। সাৰি গৈছে সন্দেহৰ পৰা। সকলো শুনি পৰিমিতা বাইদেৱে তাইৰ কপালত টোকৰ মাৰি জনাই দিছে-তই যুঁজি যা, বৃহস্পতি তোৰ সহায়।

স্মৃতিৰ সেই উদ্ভট ছায়াছবি আঁতৰাই থৈ এতিয়া এই মুহূৰ্তত ৰে'ল পুলিচৰ ৰূপাক চোবাই খাবলৈ ইচ্ছা গল তিস্তাৰ। পুলিচৰ হাতত ধৰা পৰাৰ লজ্জাতকৈ পাঁচশ টকা নগদ লোকচানৰ কাৰণে সেই ছোৱালীজনীক নখে-দাঁতে চিঙি কাটি টুকুৰা- টুকুৰ কৰি দিবলৈ ইচ্ছা গ'ল তিস্তাৰ।

ঃ ঘৰত টেলিফোন আছে? খবৰ ললে অমিতাভ বাবুই।

ঃ আছে।

লেখক, টু ফাইভ, ছিক্স...। সল্‌সলীয়াকৈ নম্বৰ কৈ গ'ল তিস্তাই আৰু ঠিক তেতিয়াই বুকুৰ মাজত লুকুৱাই ৰখা পাৰ্চৰ ভিতৰৰ পৰা তাইৰ ম'বাইলটো বাজি উঠিল। মেগনেটিক লক অন কৰি তিনি ইঞ্চি হেণ্ডছেট হাতৰ তলুৱাত মেলি ধৰি কাণত লৈ আবদাৰ মিহলি কণ্ঠত কলে- কোৱা বাপি!... নাই নাই, ওভতোতে অলপ পলম হব। .... প্ৰিয়ংকাহঁতৰ ঘৰত... প্রেকটিচ কৰি আছো। মামে যেন চিন্তা নকৰে......বাই..

লায়াৰ ! মিছলীয়া ! জি, আৰ, পি থানাৰ লেণ্ড লাইনৰ ৰিচিভাৰ কাণত লৈ গৰ্জি উঠিল অমিতাভ বাবু। আবোল-তাবোল এটি টেলিফোন নম্বৰ।

এতিয়া ঘৰত ফোন ধৰাৰ কাৰণে কোনো নাই। হাত ওলোটাই ঘড়ী চাই কলে তিস্তাই। হুম উড ই লাইক টু টক্‌? বাপি, মামী?

কি হব কথা কৈ? হতাশ নন্দ বাবুই হুমুনিয়াহ কাঢ়ি কলে।

এওঁৰ দেউতাকক জনাই দিয়ক, এওঁ এতিয়া কত আছে। প্ৰিয়ংকাহঁতৰ ঘৰত, নে প্রিয়ংকাৰ মোমায়েকহঁতৰ ঘৰত। কলে অমিতাভ বাবুই।

কি জনাব বাপিক? মই আপোনালোকৰ কাষ্টডিত আছো এই কথা? কাষ্টমাৰৰ লগত হাতে-লোটে ধৰা পৰাৰ কথা?

ধৰা, ঠিক তেনেকুৱাই। হনু কঠিন হৈ উঠিল অমিতাভ বাবুৰ।

তাৰ পাছত? ওৰেটো জীৱন জবাবদিহি কৰিব নেকি? অমিতাভ বাবুতকৈও কঠিন হৈ উঠিল তিস্তাৰ হনু। ধনুৰ গুণৰ দৰে টন্‌টনীয়া হৈ উঠিল তিস্তাৰ ভ্ৰূযুগল।

কাৰ ওচৰত জবাবদিহি কৰিবলৈ যাম?

আপোনাৰ নিজৰ ওচৰত। বিবেকৰ ওচৰত। স্পষ্টভাবে জনাই দিলে তিস্তাই।

কিয়? একেলগে কৈ উঠিল নন্দ আৰু অমিতাভ বাবুই।

কাষ্টডি আৰু জেল হাজোতত মোক চিৰদিন আৱদ্ধ কৰি ৰাখিব নোৱাৰিব। মুকলি হলেই চুইচাইড কৰিম। উইথ এ নোট দ্যাট বোথ অৱ ইউ আৰ ৰেচপনছিবল ফৰ দি ইমমেচিউৰ ডেথ অৱ এ ইয়ং গার্ল। লওঁক, 'বাইলত থকা সেউজীয়া বুটামত টিপা মাৰক৷ বাপিক পাই যাব। বৰফত ৰখা মাছৰ দৰে চেঁচা চকু অমিতাভ বাবুৰ চকুৰ আগত মেলি ধৰি তিস্তাই পেপাৰ ওৱেট ৰখাৰ দৰে নিজৰ হেণ্ডছেটটো অমিতাভ বাবুৰ সন্মুখত নমাই থলে। লওঁক, লওঁক। যি কৰিব সোনকালে কৰক।

ভগীৰথী এক্সপ্ৰেছৰ এছকৰ্ট পার্টি আহিল, নে নাই মই অলপ চাই আহোঁ। নন্দ বাবুই চকী এৰি দুৱাৰৰ ফালে আগবাঢ়ি গ'ল ৷ নিজৰ ওচৰত যেন নিজকে লুকাই বাচিব বিচাৰিলে নন্দ বাবুই।

বহু কিবাকিবি কব লগা আছিল অমিতাভ বাবুৰ। বহু যত্নৰ পাছত ফুলি উঠা টাবৰ এই ধুনীয়া গোলাপপাহক বহু কিবাকিবি উজাৰ কৰি দিয়াৰ মন আছিল তেওঁৰ। কিন্তু একো ক'ব নোৱাৰিলে। কাৰণ এওঁলোকৰ দৰে ছোৱালীয়ে সকলো কৰিব পাৰে। কুলুকুলু সুৰেৰে শিলৰ ওপৰেদি বই যাব পাৰে, আকৌ দুকুল ওপচাই ঘৰ-দুৱাৰ ভাঙি মোহাৰি নিব পাৰে সকলো শান্তি, সকলো সমৃদ্ধি, সকলো সৌন্দৰ্য। তিস্তা নাম খুবেই ভয়ংকৰ, খুবেই সাংঘাতিক।

(অগ্ৰদূত ২১/অক্টোবৰ/২০১৩)

                   সমাপ্ত

 

                      নয়ন

মূল- অচিন্ত কুমাৰ সেনগুপ্ত

 

তাৰ পাছত সৰু গলিৰ ভিতৰলৈ সোমাই গৈ মৃদু হাত বাউলি মাতিলে। কিয় মাতিলে সি জানে।

ঘৰৰ বাহিৰলৈ আহি থিয় হৈছিল, তথাপি অৰ্থ আছিল, কিন্তু সেই মুহূৰ্তেই সেই ল'ৰাজনক  অসহায় বিহ্বল চকুত চাই থকা দেখিব, ইয়াৰ কোনো মানে নহয়।

ওৰেটো দিন ঘৰৰ গৃহকৰ্ত্ৰী মাহীৰ শাসন অনুশাসন লাগিয়ে আছে। দৰাৰ মিছিল গুচি গ'লেও বাহিৰলৈ আহি থিয় হ'ব পৰা নাযাব। বাহিৰলৈ ওলালেই নেকি থিয় হোৱাৰ দৰে দেখাব। তেনেহ'লে অকনমান বাহিৰৈল যাবলৈ দিয়া, সেয়াও নহ'ব, মানুহে পিছ ল'ব। পাণৰ দোকানৰ সন্মুখলৈ আহি পাণ কিনি খোৱা .... সেয়া নেকি আৰু বেয়া। মানুহে চিনি পেলাব। চিনিলেই উপদ্ৰৱ।

দুখীয়া গৃহস্থ পাৰাত মনে মনে আছোঁ তাকে থাকিবলৈ দে। এয়া তোৰ কদমতলা নহয়।

এইবোৰ যে নয়নে নুবুজে সেয়া নহয়। তথাপি দিন নাই, ৰাতি নাই সৰ্বক্ষণ পৰ্দাৰ মাজত বন্দী হৈ থাকিবলৈ অসহ্য লাগে। গৃহস্থ-অগৃহস্থ কোনে আজি বাহিৰলৈ নোলায়। বাহিৰত চলা-ফুৰা থাকিলেই বৰং মানুহে কোনোবা পৰিয়ালৰ জী—োৱাৰী বুিল ভাবিলেহেঁতেন। পুৰুষসকলে বাহিৰত চাকিৰ কৰে, কেতিয়া আহে, কেতিয়া যায় একো ঠিক নাই।

থাকক, আহ্লাদ কৰি লাভ নাই। শাসন কৰাৰ ভংগীতে কৈ উঠে গৃহকৰ্ত্ৰী। এক পলকৰ চাউনিতেই আটায়ে ধৰি পেলাব।

বাহিৰৈল ওলাবলৈ হ'লে গৃহকৰ্ত্ৰীও ওলায়। তেতিয়াই যি অকনমান সুযোগ পায় ছোৱালীবিলাকে।

সন্ধিয়া হোৱাৰ মুখত ঠিক তেনেকুৱা এটি সুযোগ পাইছিল আৰু সৰুক কৰে বাহিৰলৈ ওলাই আহি থিয় হৈছিল নয়ন। এনেয়ে মাথোন শৰীৰত বতাহ লগোৱাৰ কাৰণে।ওচৰ-পাঁজৰৰ আকাশ-বতাহ অনুভৱ কৰাৰ কাৰণে।

তেতিয়াই সন্মুখত পৰি গ'ল ল'ৰাজন।

আধা ময়লা, ঢেঙা, কেনেকুৱা যেন গ্ৰাম্য চেহেৰা। কেনেকৈ মুখ মেলি চাই আছছে চোৱাচোন! চাই আছেতো নয়নে কিয় চকুৰে ধমকী মাৰি আঁতৰি নাযায়?

কেনেকা ভয় খাইছে ল'ৰাজনে। ক্লান্তিকৰ দ্বিধাৰ মাজত পৰিছে। দুখোজ আগুৱাই আকো পিছুৱাই গৈছে। স্থিৰ কৰিব পৰা নাই। ঘৰটো সৰু হ'লেও পৰিষ্কাৰ-পৰিচ্ছন্ন। নিজম। সিফালে ধান খেতি, দূৰত ৰে'ল স্টেচন, ফাঁক ফাঁক ঘৰ।গছ-গছনি। এনেকুৱা পৰিৱেশত তেনেকুৱা কিবা হ'ব পাৰে নেকি? কিন্তু নহয়ে যদি ছোৱালীজনী বিৰক্ত হোৱা নাই কিয়?

ঘূৰা-ঘূৰি কৰিছে আকৌ থিয় হৈছে দীপক। নাই নাই, আৰু নহয়, মাথোন এবাৰ চায়ে গুচি যাম।

    আৰু এবাৰ চোৱাৰ কাৰণে চালে। আৰু চকুত চকু পৰোঁতেই চকুৰ কোণেৰে হাঁহি মাৰিলে নয়নে।

দীপকৰ বুকুৰ ভিতৰত কঁপি উঠিল। কোনে জানে এই হাঁহিৰ মানে কিয

লৰাজন খুবেই বুৰ্বক। ভীৰু, অনভিজ্ঞ।

তেতিয়াই নয়ন গ'লিৰ ভিতৰলৈ সোমাই গ'ল, কিন্তু ঘৰৰ ভিতৰত অদৃশ্য হৈ নগ'ল, থিয় দি থাকিল বাহিৰত।

এইখিনিতেও যেন পৰিষ্কাৰ হোৱা নাই সকলো। ভৰি ল'ৰাব পৰা নাই দীপকে। সাহস পোৱা নাই। কেনেকৈ আগবাঢ়িব লাগে, কি ক'ব লাগে এই বিষয়ে একো তাৰ জনা নাই। কোনোবাই শিকাইয়ো দিয়া নাই। বাঃ! এনেকুৱা এষাৰ কথা ক'বলৈ লাজ কিহৰ? কিন্তু তাইযে গুচি গ'ল! তাই গুচি গৈছেতো তুমিও গুচি যোৱা। সন্দেহজনকভাবে একে ঠাইতে ঘূৰা-ঘূৰি কৰিলে মানুহে কি বুলি ভাবিব! ছোৱালীজনী যিয়েই হওঁক অথবা নহওঁক মানুহে বুজি পেলাব তোমাৰ মতলব। চিনা-জনা কোনোবাই দেখিলে আৰু চাব নালাগে।

তাৰ পাছত ছোৱালীজনীয়ে মৃদু হাত বাউলি মাতিলে।

সন্মোহিতৰ গৰে গলিৰ ভিতৰলৈ সোমাই গ'ল দীপক।

মোক মাতিছা?

এয়া কেনেকুৱা প্ৰশ্ন? নয়নে মিচিকিয়া হাঁহি মাৰি মাৰিলে- মইয মই তোমাক মাতিবলৈ যাম কিয়?

নাই নাই, মানে...কণ্ঠ তালু, জিভা শুকাই গ'ল দীপকৰ।

কিয়? কাক বিচাৰিছা?

আৰু কোন আছে তোমাৰ বাহিৰে? শূন্য চকুত ইফালে সিফালে চালে দীপকে।

এয়াও তো ঠিক।

তোমাৰ ঘৰলৈ যাব পৰা যাব নেকি?

কিয় নাযাব? তুমি যাবা নেকি? আহানা..... আৰু যন্ত্ৰণাৰ মাজত নাৰাখি নয়নে দীপকক ঘৰৰ ভিতৰলৈ লৈ আহিলআহিয়ে দুৱাৰ বন্ধ কৰি দিলে।

বন্ধ ঘৰৰ ভিতৰত সোমাই দীপকৰ ভয় লাগিবলৈ ধৰিলে। জানো কি হয়? জানো কি হয়? এনেকুৱা ভাব তাৰ।

খাটৰ ওপৰত বহিল উভয়ে। দীপকে কলে- তোমাক টকা দিব লাগিব নহয় নে?

নিশ্চয় দিব লাগিব।টকাইতো সকলো।

কিন্তু মোৰ ওচৰত বৰ বেছি নাই...পলকৰ ভিতৰতে শেঁতা পৰি গ'ল দীপক।

নাই যদি ঘৰলৈ আহিছা কিয়?

তুমি মাতিলা…….

মই কেতিয়া মাতিলো? যদি কোনোবাই মাতেও, তাৰ মানে বিনা পইচাত থাকিবা নেকি?

বাৰু, মই গুচি যাওঁগৈ----

সেয়া নহ'ব। নয়নে স্বমূৰ্ত্তি ধাৰণ কৰিলে- টকা দি যাব লাগিব। ঘৰৰ ভিতৰত সোমালেই টকা।

বিশ্বাস কৰা, মই পাছত এদিন আহি দি যামহি। কোৱা কিমান দিব লাগিব? মূৰ্খৰ দৰে নিৰৰ্থক কাকুতি-মিনতি কৰিবলৈ ধৰিলে দীপক- সঁচাকৈয়ে কৈছো-

সেয়া মই নাজানোতুমি ফাঁকি দি পলাবা। নয়নে হাত পাতিলে-মোৰ নগদ লাগিব। মোৰ বাইদেৱৰ ঘৰলৈ।

মোৰ লগত এটা টকা আৰু কিছু খুচুৰা পইচা আছে। পকেটত হাত ভৰাবৈল দুৰ্বল চেষ্টা কৰিলে দীপকে। কলে- তুমি চোৱা, ইয়াতকৈ বেছি একো নাই।

তেনেহলে তোমাৰ চোলাটো খুলি দিয়া।

চোলাটো?

হয়, বিক্ৰী কৰিলে যি পোৱা যায়।

সোণৰ বোতাম-টুতাম একো নাই।

নাথাকক, চোলা, চোলাটো হলেই হ'ব।

চোলাৰ কিমান মূল্য হ'ব। বজে ছিটৰ চোলা। প্ৰায় কান্দোনমূলা হ'ল দীপক। ক'লে- শুনা, বিশ্বাস কৰা, মই কলেজৰ ছাত্ৰ, মিছা নামাতোঁ। কাইলৈ আহি তোমাৰ টকা পৰিশোধ কৰি যামহি। কোৱা, কিমান দিব লাগিব?

কলেজত পঢ়া নেকি?

হয়, বি, এত পঢ়োঁ।

দেখাত তো ধাৰণা হয় স্কুলৰ ছাত্ৰ। এধান মান। কিন্তু কেনেকৈ পৰিশোধ কৰিবা?

টিউচিন কৰোঁ তো, তদুপৰি পুৰণি কিতাপ.....

নাই নাই। ... আকৌ কঠিন হৈ উঠিল নয়ন।ক'লে- চোলাটো খোলা।

উদং গাৰে কেনেকৈ যাম ৰাস্তায়েদি?

সেয়া মই নাজানো। খোলা-খুলিকৈ কৈছেঁ। কি আশ্চৰ্য। চোলাটো খুলিবা তো। কেনেকৈ ঘামিছা কোৱাচোন?  দীপকে চোলা নুখুলিলে...নয়নে পুনৰ সেই ৰহস্যৰ সংকেত আঁকিলে চকুত।

সন্মোহিতৰ দৰে গাৰ চোলা খুলি পেলালে দীপকে। তলত গেঞ্জি নাই।মাথোন নৰম ত্বকত নতুন স্বাস্থ্য মসৃণ হৈ আছে। সৰল শিশুৰ দৰে দীপকে ক'লে- মই এই প্ৰথম, মই একো নাজানো।

জনাৰ দৰ্কাৰ নহয়, মই তোমাক শিকাই দিম।

আকৌ ভয় খালে দীপকে। জানো ইয়াৰ বাবে নো আকৌ কিমান মূল্য দিব লগা হয়। সেয়ে ব্যস্তভাবে কলে- নাই নাই, মই যাওঁ....

চোলাটো খামোচ মাৰি ধৰি থাকিল নয়নে। ক'লে- ক'লৈ যাবা?

বাইদেউৰ ঘৰলৈ।

বাইদেউ!

হয়, বাইদেৱৰ খুউব অসুখ। তাকে চাবলৈয়েতো গৈ আছিলো

তাই ইয়াত থাকে?

সৌ ষ্টেচনৰ কাষতে তাইৰ শহুৰেকহঁতৰ ঘৰ। তাতে আছে। কেইদিনমানৰ পৰা তাইৰ খুউব অসুখ। সোনকালে যোৱাৰ কাৰণে এইটো ৰাস্তাৰে গৈ আছিলো....

কি হৈছে?

তিনি চাৰি কৰি জ্বৰ, নমা নাই। ডাক্তৰসকলেও একো ধৰিবপৰা নাই। মই যাও--- দীপক চঞ্চল হৈ উঠিল।

হঠাৎ গৃহ-কর্ত্রীৰ মাত শুনা গল- এই নয়ন, ঘৰত মানুহ আনিছা নেকি?

নয়নৰ সৰ্বাংগ জ্বলি উঠিল। কলে- নাই নাই, মোৰ পুৰণি মানুহ, নিজেই আহিছে।

ৰ মানুহ? সেই কদমতলাৰ? গৃহ-কর্ত্রীয়ে পুনৰ চিঞৰি সুধিলে।

কিয়, কদমতলাৰ বাহিৰে মোৰ মানুহ থাকিব নোৱাৰে নেকি? আত্মীয়-কুটুম থাকিব নোৱাৰে?

আত্মীয়-কুটুম !

হয়, মোৰ ভাইটি আহিছে........ সৰু ভাইটি। দৃঢ় সুৰত কলে নয়নে

বায়েকৰ ঘৰত সৰু ভায়েক?

হয়, অহাতনো দোষ কত। নয়ন খেংখেঙাই উঠিল- অভাৱৰ সংসাৰৰ কাৰণে কিছু টকা-পইচাৰ প্ৰয়োজন হলে নিব নোৱাৰে নেকি বায়েকৰপৰা?

গৃহ-কর্ত্রী চুপ মাৰি গ'ল।

শিতানত বিচনী আছিল, হঠাৎ নয়ন দীপকক বিচিবলৈ ধৰিলে। কলে- কেনেকৈ ঘামি-জামি উঠিছা, চোৱা। মই বিচি দিলে আপত্তি কি ! বেচ, কিছু সময় জিৰাই লখোৱা-বোৱা কৰি যাবি ইয়াত। বেচ, নাখালেও টকা কেইটা নিবিতো! চোলাৰ তলত গেঞ্জি নাই। এটা গেঞ্জি কিনিবি কিন্তু....

কিনিম বাৰু। দীপক নির্বিঘ্নে কলে।

কিন্তু ভায়েক-টায়েক বুলি নিশাকৰক নিবৃত্ত কৰিবপৰা নগ'ল। কিয় যে আহিছে আজি সি, এই অদিনত আহিল আৰু ঠিক এই অসময়ত, এয়া নিষ্প্রাণ ভাগ্যৰ পৰিহাসৰ বাহিৰেনো আৰু কি!

দুৱাৰত ক্রমাগত কাঘাত কৰিবলৈ ধৰিলে নিশাকৰ।

ঘৰত কাক সুমুৱাইছিলি? মাতাল হৈ আহিছে নিশাকৰ, তই মই কৰি কথা কৈছে।

ভয়ত এধানিমান হৈ গ'ল দীপক। কি কৰিব, কলৈ যাব বুজি উঠিব নোৱৰিলে। তই চুপ মাৰি শুই থাক। মই দেখিছো। খাটৰপৰা নামি পৰিল নয়ন।

দুৱাৰ খুলি দিয়ে খেংখেঙাই উঠিল তাই-- হাল্লা কৰিছা কিয়? ই মোৰ ভাই। কেইটামান টকা নিবলৈ আহিছে।

ভায়েক? ভায়েক হৈ উদং গাৰে একেবাৰে খাটৰ ওপৰত শুইছে। কেইটামান অশাাালীন গালি দিলে নিশাকৰ আৰু লগে লগেই নয়নৰ চুলিত ধৰি টানি আনি গালত প্ৰচণ্ড চৰ শোধালে।

ভাল নহ'ব বুলি কৈছো। গাত হাত তুলিছা? মাতাল ইতৰ লোক। এইদৰে কৈয়ে নিশাকৰক প্ৰবল এটি ধাক্কা মাৰিলে নয়নে

নিশাকৰ মাটিত বাগৰি পৰিল।

’, আজি তোক--উঠিবলৈ চেষ্টা কৰি সি গোঁগোঁৱাবলৈ ধৰিলে।

চোৱা, মোৰ লগত নালাগিবা। নয়ন সাৱধান কৰি দিলে- আমি দুজন আছো। ভাই-ভনী মিলি আমি তোমাক শেষ কৰি পেলাম।

নিশাকৰ উঠি কিবা এক প্রতিশোধ লবলৈ গ', নয়ন চিঞৰি উঠিল- ধৰ ধৰ---

এয়া বোধহয় দীপকক সম্বোধন কৰি ক'লে। তাৰ ওচৰত সাহায্য ভিক্ষা। সিহঁত দুজনে মিলি ধৰিলে ঘায়েল কৰিবলৈ কিমান পৰ!

তদুপৰি গৃহ-কর্ত্রীও সজাগ হৈ উঠিছে। সজাগ হৈ উঠিছে কমলা, শৈল। কি হ, কি হল বুলি সিহঁতেও চিঞৰি আছে।

আগুৱাই আহিছে নিশাকৰ। এই সময়ত তাক শিক্ষা দৰ্কাৰ। এয়াই সুযোগ।

দীপক খাটৰপৰা নামিল। হাত বঢ়াই চোলাটো বুটলি লৈয়ে খোলা দুৱাৰেদি সি দৌৰি পলাল

ধৰ ধৰ, পিছফালৰ পৰাশুিনবলৈ পালে নয়নৰ  মাত।

দীপকৰ ধাৰণা হল, এয়াও বোধহয় তাকেই উদ্দেশ্য কৰি কোৱা হৈছে। শুনিবৈল পােল জোঁটা-পুটি, আৰ্তনাদ, হুলস্থূল।

চোলাটো খপজপ কিৰ গাত জাপি দ্ৰুত গতিত বাহিৰলৈ ওলাই আহিল দীপক। নাই, ৰাস্তাত মানুহ জমা হোৱা নাই। দ্ৰুত সি গ'লিৰ পৰা ওলাই নিৰাপদ দূৰত্বত অদৃশ্য হবলৈ সক্ষম হ'ল।

কেইদিনমান পাছত দীপকৰ মনত পৰিল, যাও এবাৰ চাই আহো সিদিনা কি হৈছিল।  কৈ থৈছো। মোৰ ভাই এনেকুৱা চোৰ নেকি? মোৰ ভাই কলেজত পঢ়ে। এনেকুৱা হাড়গিলা নহয়। দুৱাৰ নিজেই বন্ধ কৰিবলৈ

ল নয়ন। দুৱাৰ বন্ধ হোৱাৰ সময়ত দুটা পাল্লাৰ ফাঁক যেতিয়া সৰু হল তেতিয়া নয়ন ক্ষীণ কণ্ঠত কলে- যোৱা, পলোৱা,

এইফালে আৰু কোনোদিন নাহিবা এ

অনি হাঁহিলে। কলে-অংগ-প্রত্যংগৰ কথা কৈছা ? সেয়াতো সকলো ছোৱালীৰে একেই। শাড়ী খুলিতো তোমাক কোনোদিন

চোৱা নাই আৰু কেতিয়াও চাবলৈ বিচৰাও নাই। শৰীৰৰ বাহিৰেও এজনী ছোৱালীৰ বহু কিবা-কিবি থাকে, পৃথকীকৰণৰ চিহ্ন

হিচাপে।

সেয়া কি? মানে সেইবোৰ কি?

সেইবোৰ কোৱাৰ কথা নহয়। পুৰুষসকলেই সেইবোৰ জানে। তোমাক বুজাব নোৱাৰিম, আৰু ইমান বছৰ পাছত সেয়া

কোৱাৰ প্ৰয়োজনেই বা কি? লাভতো নাই।

তুমি কলিকতালৈ গৈ আছা নেকি, নে ৰাস্তাত বেলেগ ক'ৰবাত নামিবা?

ম‍ই খড়্গপুৰত আই, আই, টিত পঢ়াও। খড়্গপুৰতেই নামিম।

হয় নেকি? ময়ো খড়্গপুৰতে নামিম। তাৰ পাছত তাৰপৰা গাড়ীত অনন্তপুৰলৈ যাম।

অনন্তপুৰত কিমানদিন থাকিবা?

পোন্ধৰ দিনতো অৱশ্যেই। তুমি যাবা নেকি?

নাই, নাযাও।

কিয়? নোযোৱা কিয়?

মোৰ বহুত কাম। ক্লাচতো আছেই, ক্লাচৰ পাছতো পঢ়া-শুনা থাকে। ছাত্ৰ-ছাত্ৰীসকলৰ বহুতে ঘৰলৈ পঢ়িবলৈ আহে।

এজনী ছোৱালী আহে, তাইৰ নাম নমিতা। দেখিবলৈও তাই প্রায় তোমাৰ দৰেই। তাইক দেখিলে মোৰ তোমাৰ কথা মনত

পৰে।

তুমি কি বিষয় পঢ়োৱা ।

আর্কিটেকচাৰ। স্থাপত্য।

তাৰ পাছত কলে- তোমাৰ কপালৰ ওচৰত চুলি পকিবলৈ লোৱাত তুমি আৰু ধুনীয়া হৈ উঠিছা।

যৌৱনে যেতিয়া ছুটী বিচাৰে, তেতিয়া এইবোৰ কনচোলেশ্বন প্রাইজ দি যায় যোৱাৰ সময়ত। অনিয়ে হাঁহি মাৰি ক'লে৷

তাৰ পাছত কলে- তুমি আৰু সুন্দৰী হৈ উঠিছা। বেলেগ ধৰণে। বহুৰাণীৰ আভিজাত্য আহিছে তোমাৰ মাজত। বাৰু, তোমাৰ

স্বামীয়ে তোমাৰ লগত বাংলাত কথা পাতে নেকি?

নাই নাই, হিন্দীতেই পাতে।

অসুবিধা নহয় তোমাৰ?

প্রথম প্রথম হৈছিল, এতিয়া নহয়অৱশ্যে মোৰ শহুৰে ধুনীয়া বাংলা জানে। ৰবীন্দ্ৰনাথৰ খুউব ভক্ত।

মোৰ কোনোবা কিতাপ পঢ়িছে নেকি তেওঁ?

নাজানো, সুধি চাম বাৰু। তুমি যে লেখক হৈছা, পশ্চিম বংগলৈ আহিলে মানুহৰ মুখত শুনিবলৈ পাওঁ। তেওঁ এই কাৰণেই

পঢ়া নাই হয়তো। বংকিম, ৰবীন্দ্ৰনাথ, শৰৎ চন্দ্ৰ, বিভূতিভূষণ, তাৰাশংকৰ ইত্যাদিৰ বহু কিতাপ আছে তেওঁৰ ওচৰত। তেওঁলোকৰ

পৰৱৰ্ত্তীচামৰ কাকো নাজানে বোধহয়।

তুমি মোৰ কোনোবা কিতাপ পঢ়িছা নেকি?

লজ্জিত ভাবে নমিতাই ক'লে- পঢ়া নাই, ইয়াত, এই ৰায়পুৰত বাংলা কিতাপ পাম কত। বাংলা বাতৰি কাকত হয়তো

আহে, কিন্তু আমাৰ ঘৰত ৰখা নহয়। তাৰ পাছত পুনৰ লজ্জিত কণ্ঠত কলে- আদত ছুট গয়ী।

অনি হাঁহি মাৰিলে। কলে- তুমি আজিকালি এনেকুৱা বাংলাই কোৱা নেকি?

বুজিব পাৰিলাতো। বুজিব পাৰিলেই হল। নমিতাই হাঁহি মাৰি ক'লে- তুমি সময় পোৱা কেনেকৈ নিজৰ চাকৰি কৰি ?

সময় আমালোকৰ সকলোৰে ঢেৰ। সময় নষ্ট নকৰিলে সময়ৰ অভাৱ নহয়। ইয়াৰ তেই সুধিলে- তোমাৰ ল'ৰা-

ছোৱালী কেইটা?

[8:31 AM, 8/5/2023] Abul Hussain: দুটা লৰা। ডাঙৰটোৰ বয়স বাৰ। ইচ্ছা আছে বাঙালী বোৱাৰী অনাৰ। মোৰ শহুৰৰো সেয়াই ইচ্ছা। দুখীয়া ঘৰৰ মোটা-

মুটি লেখা-পঢ়া জনা, খুবেই সুন্দৰী কোনো ছোৱালী যদি তোমাৰ জনা-শুনাৰ ভিতৰত আছে, চাবাচোন মোৰ লৰাৰ কাৰণে।

এতিয়াৰ পৰাই চগাইকৰি ৰাখিম। লৰাৰ বয়স কুৰি হলেই বিয়া পাতি দিম।

ৰাই ৰোজগাৰ কৰাৰ আগতেই।

দেউতাকৰ ব্যৱসায় লৈ বহিব। ৰোজগাৰৰ কাৰণে চাকৰি কৰাৰ দৰ্কাৰ নহব। বি, এটো পাছ কৰিলেই হল। মোৰ শহুৰ

আৰু স্বামীৰতো বহু ধৰণৰ ব্যৱসায়- ব্যৱসায় এতিয়া স্বামীয়ে চন্ডালে। শহুৰে ৰাজনীতি আৰু পঢ়া-শুনা লৈ ব্যস্ত থাকে।

দুখীয়া ঘৰৰ ছোৱালী আনি তাইকো ভৰিত সোণৰ শিকলি আৰু নাকত হীৰাৰ নাকফুলি পিন্ধাই পোহনীয়া চৰাই কৰিব

বিচাৰিছাতো, তোমাক যেনেকৈ কৰিছে তোমাৰ শহুৰ দেউতাৰাই? তায়োতো বাংলা পাহৰি গৈ তোমাৰ দৰেই ক, আদত ছুট

গয়ী। এনেকুৱা কুকর্ম মোৰ দ্বাৰা নহ'ব।

এনেকৈ কৈছা কিয়? মই সুখী হোৱা নাই নেকি?

হৈছা নেকি? আচলতে সুখ কাক কয় সেয়া তুমি ঐশ্বৰ্যৰ মাজত ডুবি থাকি পাহৰি গৈছা। আৰাম এক কথা আৰু সুখ আন

এক কথা।

নমিতাই অলপ দুখ পালে। কলে- হয় নেকি?

তেনেকুৱাইতো।

আৰু তুমি সুখী হৈছা?

ম‍ই কেনেকৈ সুখী হ? সেই লেক ৰোডৰ নমিতাক যে এতিয়ালৈকে পাহৰিব পৰা নাই। সুখী আৰু মোৰ এই জীৱনত

হোৱা সম্ভৱ নহয়। মই যিজনী ছাত্ৰীৰ কথা ক'লো, যিজনী দেখিবলৈ ঠিক তোমাৰ দৰেই, তাইৰ মাজতে তোমাক মই জীয়াই

ৰাখিছো।

তাৰ পাছত উভয়ে উভয়ৰ চকুলৈ চাই বহু সময় মনে মনে থাকিল। নমিতাৰ গর্বিত আৰু মৰমিয়াল মুখখনৰ ফালে চাই

অনিৰ খুবেই ইচ্ছা জাগিল তাইক চুমা খাবলৈ, এটেনডেণ্টৰ কম্পার্টমেণ্টত হাতত স্টেনগান লৈ বডিগার্ড থকাৰ পাছতো।

এটি চুমা খালে নমিতা খুবেই সুখী হব। অথবা কোনে জানে, তাইৰ মধ্যপ্রদেশীয় শহুৰ ঘৰৰ পৰিৱেশত থাকি তাই হয়তো

খুবেই ৰক্ষণশীল হৈ উঠিছে। থাকক। কি দৰ্কাৰ।

এ. চি, ডবাৰ খিড়িকিৰে নিশা বাহিৰৰ কোনো বস্তু দেখা নাযায়। বিৰক্তিকৰ। ৰে'লখন কোনোবা এটা ষ্টেচনত ৰৈ গ'ল।

কোনোবা দূর্গ হব হয়তো। আকৌ অলপ পাছতেই এৰি দিলে।

নমিতা মনে মনেই থাকিল, দুচকুত অভিমান লৈ।

অনিৰ মনত পৰি গ'ল আগা শাহীৰ তহলবীৰ এটি শায়েৰী-

লোৰ, হম বঁতায়ে গুঁচা-ও-গুল সে ফৰক কেয়া?

এক বাত হোয় কহি-হুয়ি, কে বে-কহি হুয়া।

ফুলৰ ৰং আৰু ফুলকলিৰ মাজৰ পাৰ্থক্য মই ভালদৰেই জানো।

ফুল হল কৈ পেলোৱা কথা আৰু ফুলকলি হল যি কথা কোৱা হোৱা নাই, সেয়া।

ৰে'লখন দুলি উঠাৰ পাছত উভয়ৰ চাৰি চকুৰ মিলন হওঁতেই হঠাৎ দুজনেই একেলগে হাঁহি মাৰিলে। নিঃশব্দে।

অনি কলে- দুৱাৰটোতো লক্ কৰাই আছে। মোৰ অকণমান কাষলৈ আহাচোন, নমু।

নমিতাই কোনো ধৰণৰ উত্তৰ নিদিয়াকৈ, তলত ৰখা নৰম চামৰাৰ চেণ্ডেল ভৰিত দিবলৈ যত্নপৰ হল। অনি লক্ষ্য কৰিলে,

নমুৰ সুন্দৰ বগা পাভমাছৰ দৰে ভৰিৰ পতা দুটা অন্যায় কৰাৰ উত্তেজনাত থৰথৰকৈ কঁপি আছে। কোনে জানে, কিমান সময়

ব নমু অনিৰ কাষলৈ আহিবলৈ। অনি নমুৰ ভৰিৰ ফালে চাই অপেক্ষা থাকিল। ভাবিলে, যিমান সময় লাগে, লাগক। প্রায়

একুৰিটা বছৰ পাৰ হৈ আহিবলৈ সময়তো অলপ লাগিবই।

(জনসাধাৰণত প্ৰকাশিত)

সমাপ্ত

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)