নজৰুল ইছলামৰ মৃত্যু-ক্ষুধা (উপন্যাস)
নজৰুল ইছলামৰ
মৃত্যু-ক্ষুধা (উপন্যাস)
নিবেদন
কাজী নজৰুল ইছলাম বহুমুখী প্রতিভাৰ
অধিকাৰী আছিল। মূলতঃ কাব্য আৰু সংগীতৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য যদিও
উপন্যাস ৰচনাৰ ক্ষেত্ৰতো তেওঁ সিদ্ধহস্ত আছিল। নজৰুলৰ প্ৰতিখন উপন্যাসতে
স্বচ্ছভাবে ফুটি উঠিছে তেওঁৰ জীৱন দৰ্শন, অসাম্প্রদায়িক চেতনা, পৰাধীনতাৰ
বিৰুদ্ধে সংগ্ৰাম কৰাৰ মানসিকতা। অসমীয়া ভাষাত তেওঁৰ উপন্যাস এতিয়ালৈকে অনুবাদ
হোৱা নাই বুলি মোৰ ধাৰণা। সেয়ে মই তেওঁৰ মৃত্যু-ক্ষুধা নামৰ উপন্যাসখন অনুবাদ কৰি
অসমীয়া পঢ়ুৱৈ সমাজলৈ আগবঢ়ালো ৷ এগৰাকী মহান কবি তথা ঔপন্যাসিকৰ উপন্যাস অনুবাদ
কৰিবলৈ গৈ মই আনন্দিত হোৱাৰ লগতে মানসিকভাবে দুর্বলো হৈ পৰিছিলো। মূল ভাৱ অক্ষুণ্ণ
ৰখাৰ কাৰণে মই যথেষ্ট যত্ন কৰিছো। এই ক্ষেত্ৰত মই কিমানদূৰ সফল হৈছো সেই বিচাৰৰ
ভাৰ পাঠকৰ ওপৰত ন্যস্ত কৰিলো। সদাশয় পঢ়ুৱৈ সমাজে উপন্যাসখন আদৰি লৈ অনিচ্ছাকৃত
ভুল-ত্ৰুটিবোৰ আঙুলিয়াই দিলে কৃতাৰ্থ হ'ম। ইতি
-অনুবাদক
মৃত্যুক্ষুধা
এক
পুতলা— খেলাৰ কৃষ্ণনগৰ ৷
নে কোনো খেয়ালী শিশুৰ খেলা শেষৰ ভঙা
খেলা ঘৰ!
সন্তান আঁতৰি যোৱা ৰাস্তাৰ ফালে জননীৰ
দৰে চাই আছে- সন্তানৰ খেলাৰ পুতলা সন্মুখত লৈ।
জোনৰ দৰে বেঁকা- ৰাস্তা। এক গোপন
ব্যথাৰ দৰে গছ-গছনিৰ আবুৰ টানি ৰাখে ।
তথাকথিত নিম্নশ্রেণীৰ মুছলমান আৰু ‘ওমান কালি’(ৰোমান কেথলিক) সম্প্ৰদায়ৰ দেশীয়
কনভার্ট খ্রীষ্টান একেলগে ওচৰা-উচৰিকৈ বাস কৰে চুবুৰীটোত।
এওঁলোক যে খুব সদ্ভাৱেৰে বসবাস কৰে
তেনে নহয় । দুই চাৰি ঘৰ হিন্দুও আছে চুবুৰীটোত-চানাচুৰ ভজাত জলকীয়াৰ খোলাৰ দৰে।
তথাপিও সিহঁতৰ আভিজাত্য- গৌৰৱ সেই ঠাইৰ মুছলমান আৰু খ্ৰীষ্টানতকৈ কোনো গুণে কম
নহয়৷
একে প্ৰভুৰ পোহনীয়া মেকুৰী আৰু কুকুৰ
যিদৰে বাধ্যত পৰি ইটোই সিটোক সহ্য কৰে-এওঁলোকো ঠিক তেনেকুৱাই। পৰস্পৰৰ বিৰুদ্ধে
গোঁজৰে যথেষ্ট, অথচ
বেচ স্থূল ধৰণৰ কাজিয়া কৰাৰ উৎসাহ বা অৱসৰ নাই বেচাৰাহঁতৰ জীৱনত ৷
জাতি-ধর্ম নির্বিশেষে এওঁলোকৰ
পুৰুষসকলে দিন হাজিৰা কৰে- অৰ্থাৎ ৰাজমিস্ত্ৰি, খানচামা, বাবুর্চিগিৰি
বা তেনে ধৰণৰ কিবা এটা কৰে। আৰু,
তিৰোতাসকলে ধান বানে,
ঘৰ-গৃহস্থালিৰ কাম-কাজ কৰে, ৰান্ধে-বাঢ়ে, কান্দে
আৰু নানা ধৰণৰ দুখ-ধান্দা কৰি পুৰুষসকলৰ দুখ লাঘৱৰ চেষ্টা কৰে ৷
বিধাতাই যেন দয়া কৰিয়ে ইহঁতৰ জীৱনত
দুখক ডাঙৰ কৰি দেখাৰ অৱকাশ দিয়া নাই। তেনেহ'লে বৰ ডাঙৰ কিবা এটা অঘটন ঘটিলহেঁতেন হয়তো।
এওঁলোক যেন মৃত্যুৰ মাল-গুদাম ঘৰ!
অৰ্ডাৰৰ লগে লগেই চাপ্লাই! আমদানি হ'বলৈ যিমানপৰ- ৰপ্তানি হ’বলৈও সিমানপৰ৷
মূৰৰ ওপৰত টেৰাকটাৰ দৰে ইহঁতৰ মাজত দুই
চাৰিজন ‘ভদ্দৰ নুকো’ (ভদ্রলোক) আছে।
কিন্তু এই ক্ষেত্ৰত ইহঁতৰ সৌষ্ঠৱ
বাঢ়িলেও গৌৰৱ বঢ়া নাই। ইয়ে যেন ইহঁতৰ দুঃখক বেছিকৈ উপহাস কৰে।
বিধাতাই দিয়া ল'ৰা-ছোৱালী ইহঁতে বিধাতাৰ হাতত সঁপি দি
নিশ্চিত মনে পান্তা-ভাত খাই মজুৰি কৰিবলৈ যায়, সন্ধিয়া উভতি আহি ডাঙৰ ল'ৰাটোক বেচ দুপিটন দিয়ে, মাজুটোক সমন্ধ বাচ-বিচাৰ নকৰাকৈ গালি পাৰে, তাৰ তলৰটোক লজঞ্চচ(লজেঞ্চ) দিয়ে, নুমলীয়াটোক চুমা খায়, তাৰ পাছত ভাত-পানী খাই নাক ডকাই টোপনি
যায়।
সৰু সৰু ল'ৰা-ছোৱালীবোৰ- ৰ'দত পোৰা, ধূলি-মলিয়ন, ক্ষুধার্ত, গাত চোলা নাই। অবাবতে ঘূৰি ফুৰে, খড়ি-কাঠ গোটায়, সূতা চিঙা চিলাৰ পাছত দৌৰে আৰু তাৰ লগত
খাঁটি বাংলা ভাষা চৰ্চা কৰে।
ইহঁতেই বাস কৰে চাঁদ-সড়কৰ চাঁদবজাৰ
আলোকিত কৰি।.....এই চাঁদ-সড়কৰে এটি নলীনাদত পানী নিয়া লৈ সিদিনা তিৰোতাবোৰৰ মাজত
এটি ধূমধুপাল খৰিয়াল আৰম্ভ হ'ল।
কোনোবা এজনী খ্রীষ্টান ছোৱালীয়ে পানী
নিবলৈ আহি কোনোবা এজনী মুছলমান ছোৱালীৰ কলহ স্পৰ্শ কৰিছে। ইহঁতৰ দুটা জাতেই হয়তো
এটা সময়ত এটা জাতৰে আছিল- ধৰ্ম পৰিৱৰ্ত্তন কৰি কোনোবাই হৈছে মুছলমান, কোনোবাই হৈছে খ্ৰীষ্টান! আৰু এটা সময়ত
একে জাতৰ আছিল বুলিয়ে ইহঁতে আজিও ইজনে সিজনক ঘৃণা কৰে। এই দুই জাতৰ দুজনী
ছোৱালীয়ে কম বয়সীয়া আৰু সিহঁতৰ বন্ধুত্বও নলে-গলে লগা ধৰণৰ। ফলত কাজিয়া ছোৱালী
দুজনীয়ে কৰা নাই। কৰিছে সিহঁতে- যিসকলে সেই অনাচাৰ দেখিছে।
গজালৰ মাকৰ চুবুৰীত দন্দুৰী বুলি বেচ
নাম-ডাক আছে। তায়ে ‘অপ’জিশ্বন লিড' কৰিছে মুছলমানৰ পক্ষৰপৰা৷
আনটো পক্ষত অংশ গ্ৰহণ কৰা হিড়িম্বাও
পিছ-হোঁহকা পাত্ৰী নহয়। তাইৰ ভাষা গঁজালৰ মাকৰ দৰে ক্ষুৰধাৰ নহ'লেও, তাইৰ শৰীৰ আৰু স্বৰ এই দুটাৰ তুলনা মিলা টান- একেবাৰে সিকালৰ ভীম-কান্তা
হিড়িম্বা দেৱীৰ দৰেই।
গজালৰ মাক গজালৰ দৰেই সৰু-
হাড়-চর্মসাৰ, কিন্তু
তাইৰ কথাবোৰ বুকুত আঘাত কৰে গজালৰ দৰেই নির্মমভাবে। গজাল উঠাই পেলালেও দেৱালত তাৰ
দাগ যিদৰে অক্ষয় হিচাপে থাকি যায়,
কাজিয়া উপশম হ'লেও
গজালৰ মাকৰ কটূক্তিৰ জ্বালা তেনেকৈ একোতেই আৰু জুৰ পৰিব নুখুজে।
কাজিয়া তেতিয়ালৈকে বহুদূৰ অগ্ৰসৰ হৈ
গৈছিল আৰু গজালৰ মাকে অধিক চোবাই চোবাই কৈ আছিল— হাৰাম-খোৰ, খেৰেস্তান
ক'ৰবাৰ! হাৰাম খাই
খাই তহঁতৰ গাত বন গাহৰিৰ দৰে চৰ্বি জমা হৈছে, নহয়নে?
গজালৰ মাকক আৰু অধিক কোৱাৰ সুবিধা নিদি
হিড়িম্বাই তাইৰ পিতলৰ কলহটো খং কৰি দমকলৰ পকীত সজোৰে খুন্দা মাৰি, অংগ সঞ্চালন কৰি, চেপেটা গোবৰৰ দৰে মুখখন বিকৃত কৰি
হুংকাৰ দি উঠিল- সেয়া ক’বিয়েতো
চুট্কি! খেৰেস্তান ঘৰৰ হাৰাম-ৰন্ধা, পইচা খাই তোৰ ল'ৰাৰ
চিকুণতা বাঢ়িছেতো!
গজালৰ মাকে খঙৰ ভমকত তাইৰ কলহীৰ
সম্পূর্ণ পানী মাটিত ঢালি সামান্য আগুৱাই আহি খেঙখেঙাই উঠিল- হে’ৰৌ, দন্দ খকন্দী, হেৰৌ
ভাগলপুৰী গাই! হেৰৌ, মোৰ
ল'ৰাই খেৰেস্তানৰ
তাত ৰন্ধা খোৱা নাই হেৰৌ, মোৰ
ল'ৰা জজ চাহাবৰ
খানচামা আছিল- জজ চাহাবৰ হে’ৰৌ, ইংৰাজৰ !
পুঁটেৰ মাকো খেৰেস্তান, তাইৰ আৰু সহ্য নহ'ল। তাই মেলেৰীয়া-জীর্ণ কণ্ঠটোক
যথাসম্ভৱ তীক্ষ্ণ কৰি কৈ উঠিল- আ ! সখী ৰণ সহিব নোৱাৰো, সিকাত ইয়ে লৈ ওলমি মৰো। হেৰৌ, অ’গজালৰ মাক! সেই জজ চাহাবো আমাৰে জাতৰ৷ আমি আজা (ৰজা)ৰ জাত, নাজান নে?
দুই তিনিজনী খ্ৰীষ্টান ছোৱালী পুঁটেৰ
মাকৰ এই মোক্ষম জবাব শুনি আনন্দিত হৈ কৈ উঠিল- ঠিক কৈছা, মাহী।
খাতুনৰ মাকৰ কাষত কলহ, পেটত লোটা আৰু কান্ধত ল'ৰাটোলৈ ইমান সময় শুনাৰ দলতে থিয় দি
আছিল আৰু মাজে মাজে মূল গায়নৰ আঁত ধৰাৰ দৰে গজালৰ মাকৰ সুৰত সুৰ মিলাই দুই এটা
টিপ্পনি কাটি আছিল । কিন্তু এইবাৰ আৰু তাইৰ সহ্য নহ'ল। ল'ৰা, লোটা আৰু কলহটোৰে সৈতে একেবাৰে মূল
গায়নৰ গাত গা লগাই থিয় হ'ল
আৰু খ্ৰীষ্টানৰ বোৱাৰীসকলক উদ্দেশ্য কৰি যি ভাষা প্রয়োগ কৰিলে, সেয়া লেখাতো সম্ভৱ নহয়ে, শুনিব পৰাও নাযায়৷
এইবাৰ হিড়িম্বাই ফট্ কৰে তাইৰ খোপা
খুলি একেবাৰে এলোকেশী বামা হৈ থিয় হ'ল, আৰু
কঁকালত আঁচল মেৰিয়াই মেৰিয়াই খাতুনৰ মাকৰ মুখৰ সন্মুখত হাত দুখন কেইবাৰমান
বিচিত্র ভংগীত সঞ্চালন কৰি কৈ উঠিল- তই আকৌ কোননো চুৱা খাঁতী? তথাপিও যদি ভাতাৰৰ পিটন নাখালিহেঁতেন দুবেলা!
তাৰ পাছত খাতুনৰ মাকৰ অপভাষাটোৰ উত্তৰ তাতকৈও অপভাষাৰে দি গজালৰ মাকৰ ফালে চাই ক'লে- হে’ৰৌ, ভাতাৰ
পুত খাঁতী, তিনিজন
বেটা খাঁতী! তোৰ ল'ৰাই
যেনিবা জজ চাহাবৰ বাবুর্চিগিৰি কৰিছিল, কিন্তু সেই ল'ৰাটোকতো
পঠাইছ কবৰত। আৰু তই নিজে যে সিদিনা আমফেচাদ (ৰামপ্রসাদ)বাবুৰ ৰুনন(চৌকা) ঠেলি
হাণ্ডি চেলেকি আহিছ। হে’ৰৌ, ৰামফেচাদ বাবু তহঁতৰ মৌলবী নেকি, হে’ৰৌ? হাত
শুঙি চা, এতিয়াও গোন্ধ
পাবি?
ইয়াৰ চৰম উত্তৰ দিলে গজালৰ মাকে, বেচ ছুৰীৰ দৰে তীক্ষ্ম হাঁহি মাৰি- কওঁ
হে’ৰৌ, হুদুচকুৱা, হে’ৰৌ, আমফেচাদ
বাবুতো মোৰ তলপেটত চাউলৰ টোপোলা পাই মূৰত চাপৰ মৰা নাই! ল'ৰাৰ অসুখ হৈছিল, সেয়ে সিহঁতৰ ঘৰত চাকৰি কৰিবলৈ গৈছিলো, সেই বুলি এগিলাচ পানী খাইছো নেকি সেইখন
ঘৰত? কওঁকচোন বাৰু
কোন বেজীমূৱাই ক'ব
পাৰে!
শেষৰ কথাবোৰ হিড়িম্বাৰ কাণত প্ৰৱেশ
কৰা নাই। তাই ‘ছিটেন’ (প্রোষ্টেটাণ্ট) চুবুৰীৰ পাদৰী চাহাব
মিষ্টাৰ ৰামপ্রসাদ মাইতিৰ ঘৰত চাকৰি কৰিবলৈ গৈ সঁচাকৈয়ে এবাৰ চাউল চুৰিৰ কাৰণে
মাৰ খাইছিল। কিন্তু সেই কেলেংকাৰীৰ কথা ইমানবোৰ তিৰোতাৰ মাজত ঘোষণা কৰি দিয়াত তাই
এইবাৰ যি কাণ্ড কৰিবলৈ ধৰিলে- সেয়া অবর্ণনীয় ! চুলি চিঙি, আঙুলি মট্মটাই চিঞৰি, কান্দি, নাচি, জঁপিয়াই
তাই যেন এক বিৰাট ভূমিকম্পৰ সৃষ্টি কৰি পেলালে । তাৰ লগতে মুখৰপৰা গালি-শপনিৰ
বিগলিত ধাৰা- অনর্গল গৈৰিকস্ৰাৱ৷
যিমানবোৰ গালি-শপনি তাইৰ জনা আছিল ভব্য, অভব্য, অশ্লীল সকলোবোৰ এবাৰ,
দুবাৰ বাৰে বাৰে আবৃত্তি কৰিও তাইৰ যেন আৰু খেদ প্রকাশ নহয়৷
‘লুইচ-গানাৰ’ যেন
মিনিটত তিনিশকৈ গুলী এৰিছে।
ল'ৰা-ছোৱালীৰ ভিৰ জমি গ'ল।
কাজিয়া নহয় যেন মোৰগ-যুঁজ।
ইয়াৰ মাজতে গোৱালহঁতৰ এজন ল'ৰা হঠাৎ চিঞৰি উঠিল-হে’ৰৌ পচা, ঐ চালা পচা ! দৌৰি আহচোন, দৌৰি আহে৷ তোৰ আইতাৰ ‘মা
কালী' হৈ গৈছে।
এই প্ৰচণ্ড কাজিয়াৰ মাজতো কেইজনীমান
জীয়ৰী-বোৱাৰী হাঁহি উঠিল।
মুছলমানৰ ফালৰ বোৱাৰী এজনীয়ে ধৈর্য
ধাৰণ কৰিব নোৱাৰি ঘোমটাৰ তলৰপৰাই কৈ উঠিল- হাতত এটি খাণ্ডা ধৰাই দিলেইতো হয়।
তাইতকৈও সুৰসিকা আধ-বয়সীয়া তিৰোতা
এজনীয়ে পিছফালৰপৰা কৈ উঠিল-কাপোৰখন খহি পৰিবলৈ আৰু বেছি পৰ নাই।
মুছলমান ল'ৰা-ছোৱালীবোৰে যিমান হাঁহে তাতোকৈ বেছি
চিঞৰে। খ্ৰীষ্টান ল'ৰাবোৰে
ধূলি ছটিয়ায়!
আৰম্ভ হৈ গ'ল কুৰুক্ষেত্ৰ ...........
কিন্তু দুখৰ ইন্দ্ৰপ্ৰস্ত লৈ এই
কুৰুক্ষেত্ৰ সিহঁতৰ কাৰণে নিত্য নৈমিত্তিক ঘটনা- একেবাৰে মাছ-ভাত৷
কাজিয়া হ'বলৈও যিমান পৰ- পাহৰিবলৈও সিমান পৰ।
দুঃখ, অভাৱে হয়তো ইহঁতৰ মংগলে কৰিছে। ইমান দুখ যদি ইহঁতৰ নাথাকিলহেঁতেন, তেনেহ'লে ইমান প্রচণ্ড কাজিয়াৰ পাছদিনাই আকৌ বাই, ভনী, মাহী, পেহী
বুলি হাঁহি-মাতি কথা ক'বলৈ
এওঁলোকৰ লাজ লাগিলহেঁতেন৷
এওঁলোকে সকলো পাহৰে- নাপাহৰে মাথোন
সিহঁতৰ অনন্ত দুঃখ, অনন্ত
অভাৱ !
এই নাপাহৰা দুখৰ পথাৰত এওঁলোক যেন চৰ-ভঙা
গছৰ ঠানি ধৰি ভাহি গৈ আছে। দুখৰ যন্ত্ৰণাত এওঁলোকৰ মন থাকে তিক্ত হৈ– সেয়ে ভাষাও ওলায় কটূ
হৈ-পাছমুহূৰ্ততেই যেতিয়া দেখে- সিহঁত অকলে অসহায়, অকূল পথাৰত ভাহি ফুৰিছে তেতিয়া এওঁলোকে সেইফালেই হাত আগুৱাই দিয়ে -
যাক ইমান সময় কটূক্তি কৰিছে।
এওঁলোকৰ এই পানীৰ জীৱন যাত্ৰাত পাৰৰ
সুখী মানুহৰ দৰে পৰম নিশ্চিন্ত মনে বছৰৰ পাছত বছৰ ধৰি ইজনে সিজনৰ ফালে চাই মুখ
ঘূৰাই বহি থকাৰ উপায় আছে জানো?
এওঁলোকৰ এই দুখৰ বোজা যদি এইদৰে বিপুল
হৈ নুঠিলহেঁতেন, তেনেহ'লে এওঁলোকেও ইমান দিনে ভদ্রলোকৰ দৰে
মানৱ জাতিৰ মহাশত্ৰু হৈ উঠিলহেঁতেন- ডাঙৰ ডাঙৰ যুদ্ধ লাগি গ'লহেঁতেন।*
দুই
গজালৰ মাকৰ সৰুটো ল'ৰা প্যাঁকাল টাউনৰ থিয়েটাৰ দলত নাচে, সখী সাজে, গীত গায়। কামো কৰে- ৰাজমিস্ত্ৰিৰ কাম।
বাবুহঁতৰ ওচৰত থাকি সিও সামান্য বাবুৰ
দৰে হৈ উঠিছে। টেৰাকৈ চুলি আঁচোৰে,
ছিগাৰেট হুঁপে, তামোল
খায়, ভাং খায়।
চুবুৰিৰ ছোৱালীবোৰৰ মাজত খুউব নাম-ডাক। কয়- যেনেকুৱা কণ্ঠ, তেনেকুৱা গীত, তেনেকুৱাই চৌখীন। থিয়েটাৰত নাচে-
বাবুহঁতৰ থিয়েটাৰ, সৌ
খেৰেস্তান চুবুৰিৰ দলত নহয়। হুঁ হুঁ!
সি এতিয়া ফুট-গজ, কৰ্ণি (কনি) আৰু ফুটগজ লৈ ছিগাৰেট
হুঁপি হুঁপি কামলৈ যায় আৰু যাওঁতে গীত গায়, তেতিয়া চুবুৰিৰ জীয়ৰী-বোৱাৰীয়ে ঘোমটা তুলি তাৰ ফালে চায়। নবৌ
সম্পৰ্কৰ কোনোবাই হয়তো সামান্য হাঁহেও। আৰু অবিবাহিতা ছোৱালীবোৰে আল্লাহ মিয়াক
মোৰগৰ মঙহৰ লোভ দেখুৱাই কয়- হেৰা আল্লাজী, মই কুডুনীৰ লগতে তাৰ যোৰা লেখিবা৷
ঘৰত সিদিনা চাহ নাছিল। সেয়ে প্যাঁকালে
‘নেদে’ৰ চুবুৰীৰ বাবুহঁতৰ বৈঠকখানাৰ পৰা
সামান্য চাহ প্ৰসাদ খাই আহি কাকো একো নোকোৱাকৈ কৰ্ণি লৈ কামলৈ ওলাই যোৱাৰ বাবে
আয়োজন কৰি আছিল৷
তাৰ মাকে সামান্য অনুৰোধৰ সুৰতে ক'লে- হে’ৰৌ, তই
যে কামলৈ গৈ আছ, ইফালে
যে প্যাঁচি মোৰ মৰে! যা’চোন
কাঠুৰী পাৰাৰ ধাইক মাতি আনগৈ ৷ কালি নিশাৰ পৰা কষ্ট পাই আছে, এতিয়ালৈকেতো একো নহ'ল!
প্যাঁকলে তেতিয়া কৰ্ণি, ফুটগজ সন্মুখত লৈ কাঁহীত পানী লৈ হাওলি
তাৰ তৈলাক্ত চুলিত টেৰা কাটি আছিল। আৰ্চিৰ অভাৱ সি কিছুদিনৰপৰা কাঁহীৰ পানীৰেই
পূৰণ কৰি আছে।
চাৰি অনা মূল্যৰ এটি আৰ্চি সি এবাৰ
কিনিছিলও, কিন্তু
এদিন চাহ খোৱাৰ পইচা নথকাত সেইটো দুই পইচাত বিক্ৰী কৰি চাহ খাই আহিছে। এতিয়া যি
পায়, তাৰে চাউলে
নিমিলে দুবেলা, তেনেহ'লে আর্চি কিনে কেনেকৈ!
কিছুদিনৰ পৰা সি প্ৰতিদিন তাৰ মজুৰিৰ
পইচাৰপৰা চাৰি অনাকৈ সাঁচি ৰাখে,
আৰু মনে মনে ভাবে আজি এটি আর্চি সি কিনিবই। কিন্তু যেতিয়া ঘৰলৈ আহি
বজাৰ কৰিবলৈ গৈ দেখে, ছয়
অনাত সকলোৰে বাবে বজাৰ কৰিবৰ জোখাৰে চাউলে নহয়, তেতিয়া সাঁচি ৰখা সিকিটোও উলিয়াব লগা হয় কঁকালৰ খোঁচোনাৰ পৰা৷
বয়স তাৰ মোটা-মুটি ধৰক ওঠৰ উনৈছ।
সেয়ে বিচাৰিও নোপোৱাৰ দুখটো পাহৰিবলৈ তাৰ কিছু সময় লাগে। কিন্তু আৰ্চিৰ কাৰণে
তাৰ পিতৃহীন সৰু ভাইপো, ভাই-জীয়ৰীসকল
ক্ষুধার্ত থাকিব- এই কথা যেতিয়া মনত পৰে, তেতিয়া তাৰ নিজৰ অভাৱ আৰু অভাৱবোধ নাথাকে।
সিদিনা কাজিয়াৰ তালত হিড়িম্বাই
আটাইতকৈ যিটো ব্যথা দিয়া গালি তাৰ মাকক দিছিল, সেয়া আছিল ‘তিনি
বেটা খাঁতী’। সঁচাকৈয়ে পাহাৰৰ
দৰে পাহুৱাল তিনিজন ককায়েক তাৰ মাকৰ সন্মুখতে ছট্ফটাই কৰি মৰিছে। তদুপৰি সিহঁতৰ প্ৰত্যেকৰে
দুই তিনিটাকৈ ল'ৰা-ছোৱালী
আছে। আৰু সিহঁত সৰ্বমুঠ প্রায় এক ডজন।
এই শিশু আৰু বিধৱা জায়াসকলৰ বোজা বহন
কৰাৰ দায়িত্ব মাথোন তাৰেই। কিন্তু বোজা সি অকলে বব লগা নহয়৷ তাৰ মাক আৰু ভ্ৰাতৃ
জায়াসকলে মিলি সেই বোজা পাতল কৰাৰ কাৰণে দিন-ৰাতি পৰিশ্ৰম কৰে । তাৰ ফলত হয়তো
বোজা কিছু পাতল হয়, কিন্তু
ভাগ্য অকণো নুফুলে-- প্যাঁচিৰ গিৰিয়েকে হেনো কোনোবা ব্যৱসায়ীৰ ছোৱালীক মুছলমান
কৰি নিকাহ কৰাইছে। কিন্তু তাইৰ গিৰিয়েকৰ অৰ্দ্ধেক ৰাজত্বত তাইৰ মন নভৰিল। এদিন
তাইৰ অনাগত শিশুৰ শুভ সংবাদসহ অর্ধেক ৰাজত্বৰ সৰ্বস্বত্ব ত্যাগ কৰি মাকৰ দুখৰ
কোলালৈকে উভতি আহিল তাই।
অভাৱৰ দিনত প্রিয় আলহী অহাৰ দৰে হয়তো
বেদনাদায়ক একো নাই। মাথোন হৃদয়েৰে দেৱতাৰ পূজা হয়তো কৰিবপৰা যায়, কিন্তু খালী হাতেৰে অতিথিক বৰণ কৰিব
পৰা নাযায়। খালী হাতৰ লাজ সমগ্র হৃদয় দিও ঢাকিবপৰা নাযায়।
প্যাঁচি আহিল চকুভৰা অশ্ৰু লৈ ।
দুঃখিনী মাকে তাইৰ চকু-পানী মচিবলৈও সাহস নকৰিলে। খুবেই চেনেহৰ একমাত্ৰ ছোৱালী
তাইৰ- তাইৰ সর্বকনিষ্ঠা পেট-মচা সন্তান। বুকুত তাই তুলি ল'লে তাইক, কিন্তু
তাত তাই সান্ত্বনা পালে ঠিকেই, কিন্তু
তাইৰ বুকু ফাটি যাবলৈ ধৰিলে কান্দোনত, বেদনাত। মাক কান্দি উঠিল- হে’ৰৌ, হতভাগিনী
ছোৱালী, এই কাঁইটৰ বুকুত
মাথোন ব্যথাই পাবি আই মোৰ ! ইয়াত সুখ- -শান্তি ক’ত?
ছোৱালীজনীৰ প্ৰথম সন্তান পিতৃ আলয়েই
হয়- এয়া দেশৰ প্ৰচলিত প্রথা । অতি ডাল-দৰিদ্ৰও ছোৱালী প্রথম সন্তান সম্ভৱা হ'লে নিজে গৈ ছোৱালীক ঘৰলৈ লৈ আহে, আমোদ-আহ্লাদ কৰে, সাধ খোৱায়। প্যাঁচি যেতিয়া প্ৰসৱ
বেদনাত আৰ্তনাদ কৰিছিল অথচ অর্থাভাৱত ধাত্রীও মাতিবপৰা নাছিল কালি নিশাৰ পৰা, তেতিয়া তাইৰ মাকৰ যন্ত্ৰণা উপলব্ধি
কৰিব পাৰিছিল- যদি বেদনাৰ বোধশক্তি তাৰ থাকে- সেই এক অন্তর্যামী।
নিজৰ ফালৰপৰা আহিছে বুলিয়ে - আৰু
ছোৱালীৰ কপাল ফুটিছে বুলিয়ে জানো তাইৰ আদৰ-যত্ন নহ'ব অকনমান ? কিন্তু
লয় কেনেকৈ? – নিঃসম্বল
জননী কান্দে, দৌৰা-দৌৰি
কৰে, কিন্তু কৰিব
নোৱাৰে একোৱে।
ল'ৰাটোৰ ওপৰত অভিমান কৰি একোৱে কোৱা নাই ইমান সময়, কিন্তু তাই থাকিব নোৱাৰিলে। ল'ৰাটোৰ কাষলৈ আহি কান্দি উঠিল- হে’ৰৌ, প্যাঁচি আৰু নাবাচে।
চাহ খাই আহিও প্যাঁকালৰ উষ্মা তেতিয়াও
কমা নাছিল । সি টেৰা কাটি কাটি মুখ তোলাকৈয়ে ক’লে- মৰিবলৈ দিয়া! মই কি কৰিম? ধাত্ৰীৰ টকা দিব পাৰিবি?
সঁচাকৈয়েতো সি কি কৰিব! টকানো ক'ত পোৱা যায়!
হঠাৎ ল'ৰাটোৱে মূৰ দাঙি খঙেৰে সৈতে ক’লে-দিনৌ দন্দ কৰিবি নুলোৰ মাকৰ লগত, নহ'লে
তায়েতো ইমান সময় নিজে আহি সকলো কৰি দিলেহেঁতেন!
নুলোৰ মাক আন কোনো নহয়- আমাৰ সেই ভীমা
প্ৰখৰ-দর্শনা শ্রীমতী হিড়িম্বা। তাই মাথোন কাজিয়াই কৰিব নাজানে, এজনী ভাল ধাত্রীও।
ইতিমধ্যে প্যাঁচি চিঞৰি উঠি অজ্ঞান হৈ
পৰিল । মাকৰ প্ৰাণ, আৰু
ৰৈ থাকিব নোৱাৰিলে। বৌৱেকহঁতক মাতি ছোৱালীজনীক চাবলৈ কৈ তাই লৰা-লৰিকৈ
হিড়িম্বাক মাতিবলৈ ওলাই গ'ল।
হিড়িম্বা তেতিয়া তাই বাৰীৰ তিয়ঁহ
কেইটামান হাতত লৈ বাবুহঁতৰ ঘৰলৈ বিক্ৰী কৰিবলৈ গৈ আছিল। বাটত গজালৰ মাকৰ লগত দেখা
হোৱাৰ লগে লগে তাই মুখখন কোঁচাই বেলেগ ফালে ঘূৰাই নিলে। কিন্তু গজালৰ মাকৰ তেতিয়া
সেয়া লক্ষ্য কৰাৰ দৰে চকু নাছিল । তাই দৌৰি গৈ হিড়িম্বাৰ হাত দুখন ধৰি ক'লে-নুলোৰ মা, মোক মাফ কৰি দে, ভাই । অকনমান দৌৰি আহ, আমাৰ প্যাঁচি আৰু নাবাচে!
হিড়িম্বাই কথাবোৰ বুজিব নোৱাৰি অকনমান
হতভম্ব হৈ গ'ল ।
তাই সামান্য জোৰ কৰি হাত দুখন এৰুৱাই আনি ক’লে- এয়া কেনেকুৱা আজল-মঠালি, হে’ৰৌ।
তই আকৌ দন্দ কৰিবি নেকি পাৰাৰ মাজত পাই?
গজালৰ মাকে কান্দি পেলাই ক'লে- নাই নাই, ভনী, সঁচাকৈয়ে কৈছো, আল্লাহৰ
সইত! আমাৰ প্যাঁচিৰ কালিৰপৰা বেদনা আৰম্ভ হৈছে; দন্দ তোৰ গজালৰ মাকৰ লগত হৈছে, প্যাঁচিৰ মাকৰ লগততো হোৱা নাই !
হিড়িম্বাই স্বস্তিৰ নিশ্বাস এৰি ক'লে- অ’! তোৰ প্যাঁচিৰ সন্তান হ'ব হয়নে? কিন্তু সেই ৰাতিৰপৰা কষ্ট পাই আছে- আৰু মোক খবৰ পঠোৱা নাই? যিয়ে হওঁক, ভাল মাকজনী তই! মই হ'লে ইমান সময় ধর্ণা দি পৰিলোহেঁতেন। ব’ল, চাওগৈ কি হৈছে।
হিড়িম্বা যাওঁতেই প্যাঁচি কান্দি
উঠিল- মাহী, মই
আৰু নাবাচো। হিড়িম্বাই হাঁহি মাৰি ক'লে- ভয় নাই তোৰ, আই; এয়া এতিয়াই সোণৰ টুকুৰা ল'ৰা কোলাত পাবি।
প্যাঁচি বহুখিনি শান্ত হ'ল। ধাত্ৰী অহাৰ সান্ত্বনাই তাইৰ অর্ধেক বেদনা
হ্ৰাস কৰিলে যেন।
সামান্য চেষ্টা কৰাৰ পাছতে তজ্জীয়া
এটি পুত্রসন্তান ভূমিষ্ঠ হ'ল।
আটায়ে চিঞৰি উঠিল- হে’ৰৌ, ল'ৰা হৈছে অ’! ল'ৰা হৈছে।
আনন্দে যেন নধৰা হ'ল সিহঁতৰ! সিহঁতে যেন ঈদৰ জোন দেখিছে !
হিড়িম্বা মূৰ্চ্ছিতপ্রায় প্যাঁচিৰ
কোলাত সন্তানটো তুলি দি ক'লে-
ধৰ, কোলাত ল’। সকলো কষ্ট শাঁত পৰি যাবহি !
প্যাঁচি অবিৰত ধাৰাত কান্দিবলৈ ধৰিলে!
নৱজাতকৰ কপালত চুমা নপৰিল কাৰো, পৰিল দুঃখিনী মাকৰ অশ্রুজল।
গজালৰ মাকে হিড়িম্বাৰ হাতত ধৰি ক'লে- বাইদেউ, মোক মাফ কৰি দিয়া!
হিড়িম্বাৰ চকু চল্চলীয়া হৈ উঠিল। তাই একো নকৈ
সস্নেহে নৱজাতকৰ কপালতপৰা তাৰ মাকৰ অশ্রুজল মচি দিলে৷
বাহিৰত তেতিয়া খ্ৰীষ্টান ল'ৰাবোৰৰ দেখা-দেখি মুছলমান ল'ৰাবোৰেও গাইছে- আমি যীশুৰ গুণ গাওঁ।*
তিনি
এইবোৰ বিষয়ৰ কাৰণে কামলৈ যাবলৈ সিদিনা
প্যাঁকালৰ কিছু বেছি পলম হৈ গ'ল ।
তাৰ লগৰে তিনি চাৰ্জিন ৰাজমিস্ত্ৰী আহি তাক মাতিবলৈ আৰম্ভ কৰিলে।
প্যাঁকাল নুখোৱাকৈয়ে তাৰ যন্ত্ৰপাতি
লৈ ওলাই গ'ল।
সি জানিছিল, কালিৰপৰা
চাউলৰ হাড়ীত নিগনিবোৰৰ দুৰ্ভিক্ষহাৰিণী সভা বহিছে। সিহঁতৰ কিচিৰ-মিচিৰ বক্তৃতা
আৰু নাঙঠ ভলান্টিয়াহঁতৰ হুটুঙা-হুটুঙিৰ ফলত ওৰেটো নিশা তাৰ টোপনি হোৱা নাই।
কিন্তু চাউল যদিওবা দুটামান ধাৰ-ধোপাৰ
কৰি যোগাৰ কৰিবপৰা গ'লহেঁতেন, আজি আকৌ চৌকা নাই। ৰান্ধনি- শালতে
প্যাঁচিৰ সন্তান প্ৰসৱ হৈছে। সেই ঘৰটো নিকাওতে সন্ধিয়াও হৈ যাব পাৰে।
ঘৰত যেনেকৈ চাউলৰ হাড়ী ফুটা, তেনেকৈ ঘৰৰ চালো ফুটা। তাত বাহ বান্ধিবলৈ
খেৰ নাপাই ঘনচিৰিকাবোৰ বহুদিন হ’ল
উৰি গুচি গৈছে। কিন্তু অর্থতকৈও অধিক অভাৱ আছিল সিহঁতৰ ঠাইৰ৷
যিটো চৌকা-শাল, সেইটোৱে ঢেকি-শাল, সেইটোৱে ৰান্ধনি-শাল আৰু সেইটোৱে
সাতজনমানৰ শোৱনি-ঘৰ । তাৰেই একাষত বেৰ দি বিছটামান মুগী আৰু ছাগলীৰ ডাক-বাংলো তৈয়াৰ
কৰি দিয়া হৈছে।
প্যাঁকালে নুখোৱাকৈয়ে কামলৈ ওলাই গ'ল, তাৰ মাকেও সেয়া দেখিলে । সেয়া দেখিলেই মাথোন, মনৰ কথা অন্তর্যামীয়ে জানে, চকুত কিন্তু তাইৰ চকুলো দেখা নগ'ল । বৰঞ্চ দেখা গ'ল, তাই জীয়েকৰ প্ৰসূতি ঘৰত সোমাই ল'ৰাটোক কোলাত লৈ দোলা দি দি কিবা-কিবি নিচুকণি গীত গাই আছে।
এটি সৰু শিশুৱে তাইৰ ৰোজগাৰী চফল ডেকা
পুতেকহঁতৰ অকালমৃত্যু পাহৰাইছে। এটা দিনৰ বাবে তাই তাইৰ শোক পাহৰিছে। তাইৰ অনাহাৰী
পুতেকৰ কথা পাহৰিছে !
প্যাঁকালে যাওঁতে তাৰ মাকৰ প্ৰসন্ন মুখ
দেখিলে, ভনীয়েকৰ ল'ৰাটোক লৈ গীত গোৱাও দেখিলে । তাৰ চকু
লোতকেৰে ভৰি পৰিল। লৰালৰিকৈ কান্ধৰ গামোছাৰে চকুযোৰ মচি সি হাঁহি হাঁহি ওলাই গ'ল।
ৰাজমিস্ত্ৰি দলৰ মোনা প্যাঁকালৰ
সুৰকি-ৰঙা কোটটোৰ পকেটত ফচ্ কৰি হাত সোমাই ক’লে- দে’ ভাই, এটা চিগাৰেট বাহিৰ কৰ। খুবেই দেৰি গৈ গ'ল আজি, চালাই, হয়তো
ইমান পৰে দাঁত কৰচি আছে।
প্যাঁকালে খোজ কাঢ়ি কাঢ়ি ক’লে- সেই গুৰত বালি অ' মনা, চিগাৰেট শেষ হৈ গৈছে।
আল্লাৰাখা তাৰ কোঁচ খুলি কোঁচত ভৰাই
ৰখা বিড়িৰ বাণ্ডিলটো সাৱধানে উলিয়াই ক'লে- এয়া ল’, খাকী
চিগাৰেট আছে, খাবি?
কুড়চে বাণ্ডিলৰপৰা এটা বিড়ি উলিয়াই
নি, চাহাবহঁতৰ দৰে
বাও ওঁঠৰ প্ৰান্তত চেপি ধৰি চেপা কণ্ঠত ক’লে- দিয়াচলাই আছে নেকি, গুয়ে, দিয়াচলাই?
গুয়ে তাৰ চোলাৰ ভিতৰ পকেটৰপৰা
দিয়াচলাইৰ বাকচটো উলিয়াই কড়ুচৰ হাতত দি ক'লে- চাবি, এটাৰ
বেছি নুপুৰাবি কিন্তু। মাথোন আঢ়ৈটা কাঠি আছে।
কুডুচে কাঠি আৰু বাকচৰ দুৰৱস্থা দেখি ক'লে- তয়ে জ্বলাই দে ভাই, শেষত ক’বি, চালা
এটা কাঠি নষ্ট কৰি পেলালে ।
গুয়েৰ সেইফালৰপৰা মস্ত নাম । ধুমুহাৰ
মাজতো সি ইমান কায়দা কৰি দিয়াচলাই জ্বলাব পাৰে যে, কাঠিটো শেষলৈকে নুপোৰালৈকে নুমাই নাযায়!
দিয়াচলাইৰ খোলৰ বাৰদত গুয়ে কৌশলেৰে
অর্ধেক কাঠিটোৰে এটি সৰু ঘঁহা মাৰি জ্বলাই লৈয়ে দুহাতৰ তলুৱাৰে তাৰ শিখাটোক বতাহৰ
আক্ৰমণৰপৰা ৰক্ষা কৰি এনেকৈ কুডুচৰ মুখৰ সন্মুখত ধৰিলে যে, সেয়া চাব লগা বস্তু।
যেতিয়ালৈকে আঙুলি নপুৰিলে, তেতিয়ালৈকে বিড়িটো ই-মুখ -সি-মুখ হৈ
ঘূৰিবলৈ ধৰিলে। লগে লগে সিহঁতৰ চৰ্দাৰ মিস্ত্ৰিৰ, আৰু যাৰ ঘৰত কাম কৰিছে তাৰ চৌদ্দ পুৰুষৰ আদ্যশ্ৰাদ্ধও হ'বলৈ ধৰিলে।
ওমান কালি (ৰোমান কেথলিক) পাৰাৰ
ভিতৰেদি গৈ আছিল সিহঁত। এটি বিশেষ ঘৰৰ সন্মুখলৈ গৈয়ে প্যাঁকালে গীত জুৰিলে- ক’লা শশী অ’, বিৰহ জ্বালাত মৰো৷
সি বেছি সময় বিৰহ জ্বালাত মৰিব লগা নহ'ল! ঘৰৰ ভিতৰৰপৰা কলহ কাষত লৈ এজনী ক’লী গোলাকৃতি ছোৱালী ওলাই আহিল৷
ছোৱালীজনী যেন চৌকাত সেকা চাৰি পইচা
মূল্যৰ এটি পাউৰুটি। কিন্তু তাই কিছু বেছি পৰিমাণৰ মোটা হ’লেও তাইৰ চকু-মুখত লাৱণ্য আছিল অপৰিমিত, চকুযুৰি যেন লাৱণ্যৰ ক'লা পানীত ক্ৰীড়াৰত চঞ্চলা চকোৱা-
সদায় ভাহি ফুৰিছে। ভ্ৰূযোৰ যেন গংগা চিলনীৰ ডেউকা- সেই চকোৱাৰ লোভত, চকুৰ লোভত উৰি ফুৰিছে।
নুকোৱা কথাৰ আৱেশত পাতল ওঁঠযুৰি কঁপিছে
নিমপাতৰ দৰে ।
নাকটো যেন মোহন বেনু। গালৰ মাজভাগত
নাচপতিৰ দৰে এটি সৰু টোল (টুবুকা)।
শাৱণ নিশাৰ মেঘৰ দৰে চুলি৷
কিন্তু তাইৰ মুখৰ ইমান লাৱণ্যক যেন
বিদ্রূপ কৰিছে তাইৰ শৰীৰৰ বাকী স্থূল ঘূৰণীয়া আকৃতিয়ে ৷
ছোৱালীজনী মধুহঁতৰ ঘৰৰ। মধু আগতে
মুছলমান আছিল, এতিয়া
ওমান কাতলি হৈছে।
ছোৱালীজনীৰ নাম কুৰ্শি। বয়স চৌধ্যৰ
উচৰা-ওচৰি। দেখিলে কিন্তু ষোল্ল-সোতৰ যেন ভ্ৰম হয়। সামান্য বেছি বাঢ়ি উঠিছে।
চৰ্দাৰ মিস্ত্ৰিৰ আলোচনা তেতিয়া দলৰ
মাজত ইমান জোৰে জোৰে চলিছিল যে,
সিহঁতে দেখিবলৈকে নাপালে, কেতিয়া কুর্শি সিহঁতৰ জাঁওৰ বেৰৰ কাষত চকুভৰা ইংগিত লৈ আহি থিয় হ'ল আৰু প্যাঁকালো হঠাৎ পিছপৰি গ'ল৷
কিন্তু কথা ক'বলৈ সিহঁতে সুযোগ নাপালে। পিছফালৰ পৰা এটি
গৰু- গাড়ী আহি আছিল- প্যাঁকালে সেয়া লক্ষ্য কৰা নাছিল। গাড়ীৰ গাৰোৱান কিন্তু
ছোৱালীজনীৰ গতি-বিধি লক্ষ্য কৰি আছিল । জাঁওগছৰ কাষত সাত জনম কলহ লৈ থিয় হৈ
থাকিলেও যে পানী পোৱা নাযায়, এয়াতো
জনা কথা? গাৰোৱান তাৰ
উৎসাহ দমাই ৰাখিব নোৱাৰিলে। হঠাৎ গীত জুৰিলে- চেঙেৰাৰ মূৰত লম্বা চুলি, হায়,
চেঙেৰীহঁতে মজালে জাত-কূল।
গীত নহয়, যেন ঋষভ চিৎকাৰ। সেই চিৎকাৰত
চেঙেৰা-চেঙেৰীৰ প্ৰেম হৃদয়দেশ ত্যাগ কৰি বহু উৰ্ধত অন্তৰ্নিহিত হৈ গ’ল।
প্যাঁকালে অকাৰণত কাষৰ ৰেতো কৰ্মকাৰৰ
দোকানৰ ভিতৰলৈ সোমাই গ'ল।
গাৰোৱান যাতে শুনিবলৈ পায় তেনেকৈ চিঞৰি ক'লে- অই, মোৰ
বৰশীটো কেতিয়া দিবি? কোৱা
বাহুল্য, কৰ্মকাৰক সি
কেতিয়াও বৰশী বনাবলৈ দিয়া নাই ।
সিফালে কুর্শিয়ে হঠাৎ কলহটো নমাই জাঁওৰ
ডাল ভাঙি কাষৰ ছাগলীটোক অকাৰণে দুটামান পিটন দি ক'বলৈ ধৰিলে- মুখপোৰা ছাগলী, দিনৌ আহি বেঙেনা গছ খাই যোৱাহি!
ইয়াতো বেঙেনা গছৰ উল্লেখটো একেবাৰে
অপ্ৰাসংগিক।
ৰঙিয়াল গাৰোৱান গীত গোৱাৰ মাজতে
সোঁফালৰ বলধটোৰ নেজ মুচৰি দিলে আৰু বাঁওফালৰ বলধটোৰ তলপেটত বাঁও ভৰিৰ সহায়ত
কাতি-কুতা দি জিবা আৰু তালু সংযোগ কৰি জোৰে জোৰে দুটামান টোকৰ মাৰি শেষৰ কলিটোক
ঘূৰাই- পকাই গাবলৈ ধৰিলে- অ' চেংৰীহঁতে
মজালে, হায় চেঙেৰীহঁতে
মজালে কূল৷
নেজ মোচৰাৰ যন্ত্ৰণাত আৰু কাতি-কুতাৰ
ঠেলাত বলীবদ দুটাই নেজ উত্তোলন কৰি দৌৰ মাৰিলে।
প্যাঁকালে এবাৰ হতাশ নয়নত ছাগলী
তাড়নাৰত কুৰ্শিৰ ফালে চাই দৌৰি লগৰীয়াকেইজনৰ লগ লাগিল । তেতিয়াও গাড়ী দৌৰিছে, কিন্তু গাৰোৱানৰ মুখখন ঘূৰি আছে
পিছফালে ৷
গাড়ীৰ ধূলিৰ ভয়ত লগৰীয়া কেইজন
একাষৰীয়া হৈ থিয় হ'ল।
জনাবে কৈ উঠিল- উঃ! চালাৰ কণ্ঠ নহয় যেন ভঙা ঢোলহে । ঐ চালা, কোন হয়ৰে ?
প্যাঁকালে সামান্য কটূ কণ্ঠত কৈ উঠিল-
সৌ চালা ন্যাড়া গোৱাল- চালাই যেন গীত গোৱা নাই হেম্বেলাইছে।
আটায়ে হাঁহি মাৰিলে।
হঠাৎ সিহঁতৰ মাজৰপৰা এজন চিঞৰি উঠিল- ‘খড়্গ প্যাঁচে’।
আটায়ে সন্ত্ৰস্ত হৈ উঠিল। যিজনে এই
ইংগিত-বাণী উচ্চাৰণ কৰিছিল তাৰ গাত টিপা মাৰি আন এজনে লাহেকৈ সুধিলে- ক’ত নো?
নাতিদূৰত চাইকেল ৰখাই এজন ভদ্রলোকে
ৰাস্তাৰ কাষতেই অপকৰ্ম কৰিবলৈ বহি গৈছিল। সেইফালে আঙুলি নিৰ্দ্দেশ কৰি প্যাঁকালে ক’লে- সৌৱা ‘নীলা চোঁৱায়'।
ইমানপৰে সেই অপকৰ্মৰত ভদ্ৰলোকজনে
সিহঁতক দেখি পেলাইছিল, আৰু
সিহঁতেও তাক দেখিছিল ।
এই ভদ্ৰলোকজনৰ ঘৰতেই সিহঁতে
ৰাজমিস্ত্ৰিৰ কাম কৰে।
এই দেশৰ ৰাজমিস্ত্ৰিৰ বহুকেইটা ‘কোড ওৱাৰ্ড’- সাংকেতিক বাণী আছে। যাৰ অৰ্থ সিহঁতৰ
বাহিৰে বেলেগ মানুহে নুবুজে। ‘খড়্গ
প্যাঁচে’ মানে বাবু বা
চাহাব আহি আছে বা দেখি আছে আৰু ‘নীলা
চোঁৱায’ ব্যৱহৃত হয় এই
অপকৰ্মটোৰ গূঢ়াৰ্থত।
ইয়াৰ পাছত ইদলে-সিদলে হঠাৎ এনেকুৱা
কিছুমান বিষয়ে আলোচনা আৰম্ভ কৰিলে যিবোৰ শুনি সিহঁতক অতি নিৰীহ চিৰ-দুঃখী
দিন-মজুৰৰ বাহিৰে বেলেগ একো ভাবিবপৰা নাযায়৷*
চাৰি
প্যাঁকালে গুচি যোৱাৰ পাছতে তাৰ
দ্বাদশজন ক্ষুধার্ত ভাইপো- ভাইজী মিলি বিচিত্ৰ সুৰত ফৰিয়াদ কৰিবলৈ ধৰিলে ভোকৰ
তাড়নাত, ফলত অন্নৰ মালিক
যিজন তেওঁ আৰু পাষাণৰ বাহিৰে বোধকৰো বেলেগ আটায়েই বিচলিত হ'ল।
সৰুজনী বোৱাৰী এসপ্তাহমান হ'ল টাইফয়েডৰপৰা কোনোমতে জীয়াই উঠিছে।
কিন্তু সেয়া জীয়াই উঠিছে মাথো । জীয়াই থকাৰ চিহ্ন শ্বাস-প্ৰশ্বাসৰ
বাহিৰে তাইৰ আৰু একো নাই। দেহৰ যিখিনি অৱশিষ্ট আছে, সেয়া মাথোন তাইক আলপৈচান ধৰাৰ বাহিৰে বেলেগৰ কামত নালাগে। যেন কুমীৰে গিলি
খাই পুনৰ বঁতিয়াই দিছে।
কচাইয়ে যেনেকৈ মঙহ থেঁতেলে, ৰোগ-শোক-দাৰিদ্ৰ এই চাৰিটাই লগ লাগি
তেনেকৈ যেন থেঁতেলিছে তাইক।
তাইৰ কোলাত কেঁচুৱা- স্বামীৰ শেষ
স্মৃতিচিহ্ন। মাথোন দুমাহৰ ! জন্মৰেপৰা মাকৰ পিয়াহ নাপাই শুকাই চুঙা-বাদুলীৰ দৰে
হৈ গৈছে।
শুষ্ক ক্ষীণকণ্ঠত অসহায় শিশু কান্দে, আৰু এবাৰ তাৰ কণ্ঠতকৈও শুষ্ক মাকৰ
বুকুত পিয়াহৰ আশাত বৃথা কান্দিবলৈ এৰে ৷ আকৌ কান্দে । কান্দোনতো নহয় যেন, জীয়াই থকাৰ কাৰণে প্ৰতিবাদ। যেন তাক
কোনোবাই ডিঙি চেপি হত্যা কৰি আছে।
তাৰ মাকেই তেতিয়া চিয়ঁৰি কয়- আল্লাহ
অ’, আৰু চাব নোৱাৰি, তুলি নিয়া পোনাকণক তোমাৰ ওচৰলৈ। সি
মৰি বাচক।
চকুপানীৰে বুকু ভাহি যায়৷
কেঁচুৱাটোৱে কান্দিবলৈ এৰি সেই
নিমখীয়া পানী চেলেকে, আকৌ
কান্দে।
প্রসূতি ঘৰৰপৰা শাহুৱেকে তাইৰ নৱাগত
নাতিটোক জীয়েকৰ কোলাত দি ওলাই আহি কান্দোন জড়িত কণ্ঠত চিয়ঁৰি উঠিল- মৰ, মৰ, মৰ তহঁত। ইমান মানুহক নিয়ে, আৰু তহঁতকে পাহৰিছে যমে। তাৰ পাছত বৌৱেকহঁতক উদ্দেশ্য কৰি ক’লে- ল’ বেটাখাঁতীহঁত, তহঁতৰ
এই হাৰামহঁতৰ মূৰ চোবাই খা। মাগীহঁতে গাহৰিৰ দৰে সন্তান জন্ম দিছে। বাপৰে বাপ !
জীৱনটো যেন তিক্ত বিৰক্ত হৈ গ'ল।
এইদৰে কৈয়ে উচ্চকণ্ঠত তাইৰ মৃত পুতেকহঁতৰ নাম ধৰি কান্দিবলৈ ধৰিলে। সিমানপৰে ডাঙৰ
বোৱাৰীয়ে পানীৰ কলহ নমাই ডাঙৰ ল'ৰা-ছোৱালী
দুটাক ধৰিব নোৱাৰি এবছৰীয়া সৰু ছোৱালীজনীৰ পিঠিত মনৰ সুখত শোধ তুলিবলৈ ধৰিলে।
মাজু বোৱাৰীয়ে এৰুৱাবলৈ গ'ল, এৰুৱাব নোৱাৰিলে। ছোৱালীজনীক এৰুৱাবলৈ গৈ তাইৰ পিঠিতো পৰিল দুই এটা
কিল। মাজু বোৱাৰীয়ে হাঁহে, আৰু
বাকী ল'ৰা-ছোৱালীকেইটাক
পলাই যাবলৈ ইংগিত কৰে।
তাইৰ নিজৰ ল'ৰা-ছোৱালীৰ ফালে মুখ ঘূৰায়ো নাচায়।
সিহঁতে যেন সিহঁতৰ মাকৰ গুণ পাইছে। ঘৰখনত সেই ল'ৰা- ছোৱালী দুটাই যি শান্ত। ভোক লাগিলে সন্তর্পণে মাকৰ ডিঙিত সাৱটি
ধৰি কাণৰ গুৰিলৈ মুখ নি কয়- মা,
বৰ ভোক লাগিছে।
আজিও মাজু বোৱাৰী যেতিয়া ডাঙৰ বোৱাৰীৰ
ক্ৰন্দনৰত সৰু ছোৱালীজনীক বুকুত লৈ দোলা দি সান্ত্বনা দি আছিল, তেতিয়া তাইৰ ল'ৰা-ছোৱালীকেইটাই স্থিৰ শান্তভাবে এটি
কেঁচা বেল ভাঙি সেইটোৰে ভোক নিবাৰণৰ চেষ্টা কৰি আছিল। মাথোন সৰু ল'ৰাটোৱে তাৰ মাকৰ ফালে কৰুণ দৃষ্টিৰে
চাই কিবা যেন ভাবি আছিল৷
হঠাৎ সি কৈ উঠিল- বাইদেউ ! অ' বাইদেউ! মা আকৌ মেনিক নমাই দিব
কোলাৰপৰা৷
কেঁচা বেলৰ কষৰ ৰসত তাৰ বাইদেউৰ জিভা
তেতিয়া তালুত আঁটকি গৈছে। তাই কোনোমতে ক’লে- হুঃ!
মাজু বোৱাৰীয়ে তাইৰ ল'ৰা-ছোৱালীৰ ফালে ঘূৰি ক'লে- পট্লি, যা’চোন, চাৰিটামান
কাঠ বুটলি আনগৈ। মই তহঁতৰ কাৰণে ক্ষীৰ ৰান্ধি দিম।
মাকৰ ভয়ত যিকেইটা ল'ৰা-ছোৱালীৰ ইমান সময় খবৰ নাছিল, ক্ষীৰৰ কথা উল্লেখ হোৱাৰ লগে লগে সিহঁত
মন্ত্রবলত পাতাল ভেদ কৰি ওলাই আহিল ।
মাজু বোৱাৰীক ঘেৰি নাচি-বাগি তাইৰ কপোৰ
টানি হৈ-চৈ কৰি সিহঁতে যেন এটি অভাবৱনীয় কাণ্ড সংঘটিত কৰিলে । সিহঁতে যেন মাজু
বোৱাৰীক চিঙি খাব। এক পাল হালিকাই যেন এটা পোক পাইছে।
মাজু বোৱাৰীৰ সৰুটো ল'ৰা ইমান সময় মনে মনে বহি আছিল, এইবাৰ সি লাহে লাহে তাৰ ক্ৰন্দনৰত
আইতাৰ কোলাত আহি বহি কিবা ভাবিবলৈ ধৰিলে; তাৰ পাছত শৰীৰৰ মলিয়ন চিঙা চোলাটো খুলি আইতাৰ চকু মচি দি ক'বলৈ ধৰিলে- আইতা, চুপ কৰা, মা'ই
ক্ষীৰ ৰান্ধি আছে, তই
খাবি, মই খাম, বাইদেৱে খাব।
আইতাৰ কান্দোন বন্ধ হ'ল। ক্ষুদ্র শিশু। তাৰ দেউতাকো ল'ৰালিত দেখিবলৈ ঠিক এনেকুৱাই আছিল। কাৰ
কাৰণে কান্দিছে তাই? ইয়েতো
তাৰ ছোভান। সৌৱা যিসকলক তাই ইমানকৈ গালি পাৰিছিল, সিহঁতেইতো তাইৰ বাৰিক,
গজালে ৷ ভোক লাগিলে এনেকৈয়ে কান্দিছিল সিহঁতে । তাই কান্দিলে ছোভান
এনেকৈয়ে কোলাত বহি চকুপানী মচি দি কৈছিল- মা, তই নেকান্দিবি, মই
ডাঙৰ হৈ তোক তিনি কুৰি টকা আনি দিম। কোনে কয় ছোভান মৰিছে? সি আকৌ আহিছে এনেকৈ পোনাকণ হৈ । এয়া
ৰৈ আছে তাইৰ ডিঙি সাৱটি। চুমা আৰু চকুপানীৰে শিশুৰ মুখ অভিষিক্ত কৰি দিলে তাই।
শিশুৰ ক্ষুদ্ৰ মুখখন জিলমিল কৰিবলৈ ধৰিলে চিৰ দুঃখিনীৰ কোলাত - বৰ্ষণমুখৰ নিশাৰ
স্নান জোনৰ দৰে৷
শিশুটো হঠাৎ আইতাৰ কোলাৰপৰা উঠি দৌৰি
মাকৰ গাত মূৰ বিন্যস্ত কৰি বহিল । আকাশৰ ফালে চাই সি কিবা-কিবি ভাবিবলৈ ধৰিলে। চকুৰ আগেৰে
চিৱঁৰি চিৱঁৰি এটি কপৌ উৰি গুচি গ'ল।
নীলা স্বচ্ছ আকাশ ৰ'দৰ
স্পৰ্শত যেন আৰু কৰুণ হৈ উঠিল। কিমান নিলগত সৌ আকাশ!
হঠাৎ সি তাৰ মাকৰ আঁচল ধৰি ক'লে- মা, তই যে কৈছিলি, ক্ষীৰ
পৰবৰ দিনা বা-জান (দেউতা) আহিব সৌ মেঘ ভেদ কৰি ! আহিব নে!
মাক শুকান পাতৰ ওপৰত লুটি খাই পৰিল।
মুখৰ গান তাইৰ চকুপানীত উটি গ'ল।-
শুকান আমপাত আপোন মনে পুৰি পুৰি তাইৰ ফালে আগুৱাবলৈ ধৰিলে।
শহুৱেকে দৌৰি আহি লুটি খাই পৰা বৌৱেকক
তুলিবলৈ চেষ্টা কৰিবলৈ লওঁতেই মাজু বোৱাৰী হঠাৎ ধৰ-ফৰ কৰি উঠি বহিল, তাৰ পাছত খোঁচনি-কাঠিৰে চৌকাত আমপাত
ঠেলি দিলে। এইবাৰ ল'ৰাটোৱে
একো নকৈ মনে মনে বহি থাকিল ।
শাহুৱেকে ক’লে- চোৱা বৌ, ছোভান দিন-ৰাতি এনেকৈ মন মাৰি বহি
থাকিছিল ল'ৰালিৰে
পৰাই৷
মাজু বোৱাৰীয়ে পুনৰ গুন্গুন্ কৰি
গীত জুৰিলে।
শাহুৱেকে ক'লে- আঃ, মৰি যাও! ছোৱালী যেন দিনে দিনে কচি চেঙেৰী হৈ উঠিছে। যেতিয়া কান্দোন, তেতিয়াই আকৌ হাঁহি। এইদৰে কৈয়ে ল'ৰাটোক টানি আনি কোলাত তুলি লৈ চোতালত
ঘূৰি ফুৰিবলৈ ধৰিলে।
ল'ৰাটোৱে অনর্গল প্ৰশ্ন কৰে- আইতা, দেউতা খুইব ডাঙৰ হৈ গৈছে নেকি? সেই যে কৈছিল মোৰ কাৰণে বিস্কুট আনিব...। সেই গোয়াড়িৰ বজাৰৰ পৰা- সেয়া বহুদূৰ, নহয়নে আইতা? বহুদিন লাগে অহা-যোৱা কৰোঁতে নহয় নে, আইতা? মোৰ ৰঙা চোলাটো লালুক দিম, দেউতাই মোৰ কাৰণে আৰু এটা ৰঙা চোলা আনিব। নহয়নে আইতা?
আইতাকে কিছু কথা শুনে আকৌ কিছু নুশুনে।
চোতালময় ঘূৰি ফুৰে।
সৰু বোৱাৰীয়ে শুই শুই ক্ষীৰ ৰন্ধা
দেখে। কেঁচুৱা ল'ৰাটো
তেতিয়া কান্দি কান্দি মাকৰ কোলাত টোপনি গৈছে।
ক্ষীৰ ৰন্ধা হ'ল৷৷ ল'ৰা-ছোৱালীকেইটাই যিজনে যি পালে- কাঁহী-বাটি, ঘটি, বদনা লৈ চৌকা ঘেৰি বহিল।
অপূৰ্ব সেই ক্ষীৰ! নাতিদূৰতে দাৰোগা
মির্জা চাহাবৰ ঘৰ। তেওঁলোকৰ ঘৰৰ গাখীৰ মেকুৰীয়ে খাব নোৱাৰি যিখিনি পেলাই দিছিল, তাকে দাৰোগাৰ ঘৈণীয়েকে পঠিয়াই দিছে
এওঁলোকৰ ঘৰলৈ। তাইৰ অপাৰ কৰুণা,
সেয়ে সেই সামান্য গাখীৰত পানী মিহলাই আধা পোয়া গাখীৰ আধা সেৰ কৰি
বনকৰা ছোৱালীৰ জৰিয়তে পঠিয়াই দিছে। নিবিচৰাকৈয়ে বৰষুণৰ পানী পাই এওঁলোকৰ
আটায়েৰে চকুৱেদি যি কৃতজ্ঞতাৰ লোতক বাগৰিছে, সেয়া আধাসেৰ গাখীৰতকৈও বহু বেছি।
ঘৰত সিদিনা চাউল নাছিল। মুৰগিৰ কণীৰ
খোলৰপৰা সদ্য জগা পোৱালিবোৰৰ কাৰণে খুদকণ ‘ৰিজাৰ্ভ ষ্টোৰ’ আছিল
তিনি ছটাকমান, দাৰোগাৰ
ঘৰৰ দুগ্ধ সংযোগত সেয়া সিদ্ধহৈ হৈ গ'ল উপাদেয় ক্ষীৰ। এয়াই ক্ষুধার্ত শিশুসকলৰ আজিৰ ওৰেটো দিনৰ আহাৰ।
এয়াই সিহঁতৰ ক্ষীৰ পৰব-ঈদ ৷
নিমখ সংযোগত শিশুসকলৰ সেই পৰমান্ন
খোৱালৈ চাই চকুত লোতক বাগৰিবলৈ ধৰিলে মাজু বোৱাৰীৰ৷
তাই লৰালৰি কৰি কঁহুৱাৰ বেৰৰ ওচৰলৈ গৈ
স্তব্ধ হৈ থিয় দি থাকিল। তাৰ পাছত কেইটামান শালপাত লৈ সেয়া কাঠিৰে সী বাটিৰ দৰে
কৰি তাত সমান্য ক্ষীৰ ঢালি সৰু বোৱাৰীৰ সন্মুখত আনি ধৰিলে৷
সৰু বোৱাৰীয়ে উঠি বহি কৰুণ কণ্ঠত ক’লে- বাইদেউ, তুমি?
মাজু বোৱাৰীয়ে সামান্য হাঁহি মাৰিলে ।
ৰাহুগ্রস্ত জোনৰ কিৰণৰ দৰে ম্লান শেঁতা সেই হাঁহি।
সৰু বোৱাৰীয়ে মাজু বোৱাৰীক জানিছিল।
তাই আৰু একো নুকোৱাকৈ খাবলৈ ধৰিলে। খাওঁতে তাই ক'লে-পোনাকণে এই ক্ষীৰ খাব নেকি, মাজু বাইদেউ?
মাজু বোৱাৰীয়ে ক’লে- সেয়া তই ভাবি নালাগে, পোনাকণৰ কাৰণে গাখীৰ ৰাখিছো । সাৰ
পালেই খাবলৈ দিম।
ডাঙৰ বোৱাৰীয়ে পানীৰ কলহটো নমাই ৰাখি
হাতখন আগুনৰ ওপৰত ধৰি ক'লে-উঃ!
কঁকাল বিষাই আছে, মাজু
বৌ, কাইলৈৰ পৰা তই
পানী আনিবি, মই
বৰঞ্চ ধান বানিম। এইদেৰ কৈয়ে তাই হাতখন সেকি সেকি ক’লে- মোৰ হাতখন উখহি উঠিছে, গতখাঁতীক মাৰোঁতে মাৰোঁতে। হাৰামজাদীৰ
পিঠি নহয়, যেন
শিল !
ল'ৰা-ছোৱালীকেইটাই তেতিয়া ক্ষীৰ খাই মহানন্দে ‘ বৌ পলোৱা’ খেলিছে। সিহঁতৰে এজন পলায়ন পৰায়ণা
বধূ হৈ তাইৰ অজানা বাপেকৰ ঘৰৰ ফালে দৌৰিছে আৰু তাইৰ পিছে পিছে বাকীবোৰে গাই গাই
দৌৰিছে
বৌ পলাল, বৌ পলাল খুদৰ হাড়ি লৈ
সেই বৌক আনিবলৈ যাম মূঢ়া
বাঢ়নি লৈ।*
পাঁচ
সন্ধিয়া হওঁ হওঁ সময়ত প্যাকাল হাতত
চাউল-ডালি, কাফলতিত
ফুটগজ, পকেটত
কৰ্ণি-ফুটগজ, মুখত
তামোল আৰু বিড়ি লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে।
ল'ৰা-ছোৱালীকেইটাই তাক যেন ঘেৰি ধৰিলে ৷
চাউল-ডালিৰ মাজত এটি বৰালি মাছ দেখি
সিহঁত একেলগে চিয়ঁৰি উঠিল। যেন সাপৰ মূৰত মাণিক প্ৰত্যক্ষ কৰিছে।
প্যাঁকালে তাৰ কোটৰ হাতাত হাতদুখন মচি
তিনিটা সৰু কাগজৰ পুৰিয়া উলিয়াই ক'লে- আজি ললিত ডাক্তৰৰ ঘৰত সামান্য পলেস্তৰা কৰি দি এই ঔষধ লৈ আহিছো
সৰু নবৌৰ কাৰণে। ৰ’, এটা
পুৰিয়া খোৱাই দিওঁ আগতে ৷
সৰু বোৱাৰী ঔষধ দেখি আনন্দিত হৈ ক’লে- এইবোৰ কি ঔষধ, ভাইটি? এলোপাথাৰি নে হৈমুবাতিক?
প্যাঁকালে বিজ্ঞৰ দৰে হাঁহি মাৰি ক'লে- এইবোৰ এলিওপাতি নহয়, সৰু নবৌ, হেমিওবাতি। গুৰৰ দৰে মিঠা। খাই চোৱা৷
ঔষধ খাই সৰু বোৱাৰীৰ ধাৰণা হ'বলৈ ধৰিলে, তাই যেন ক্রমে ভাল হৈ উঠিছে। তাই তাইৰ
আনন্দ আৰু চেপি ৰাখিব নোৱাৰি কৈ উঠিল- আৰু দুটা দিন যদি ঔষধ পাওঁ মাজু বাইদেউ, তেনেহ'লে অহা মাহৰপৰাই মই অকলে এপাঁচি ধান বানিব পাৰিম।
মাজু বোৱাৰীয়ে চাউল-ডালি তুলি তুলি ক'লে- সেয়ে ভাল হৈ উঠ ভাই আল্লাহৰ নাম
কৰি। মই আৰু ঢেকি দিব নোৱাৰা হৈছো । মোৰ কাপোৰ চিলোৱাই ভাল, তাত দুপইচা কম পালেও শান্তি আছে।
ঘেগেলি দিয়া হাতৰ গোবৰ বাঁহৰ সৰু
কামীৰে চাঁচি তুলি ডাঙৰ বোৱাৰীয়ে ক'লে-
সেই চিলাইটো শিকাই দিব নোৱাৰানে,
মাজু বৌ? অৱশ্যে
ৰিপু কৰাটো কিন্তু মোৰদ্বাৰা নহ'ব।
মাজু বোৱাৰী হাঁহে, আৰু গুন্গুন্ কৰি গীত গাই মাছ কুটে।
ল'ৰা-ছোৱালীৰ দল
মাজু বোৱাৰীক আগুৰি ধৰি মুখ মেলি মাছ কুটা দেখে আৰু কোনে মাছৰ কোন অংশটো খাব, তাকে লৈ কাজিয়া কৰে৷ যেন কেঁচাই খাই
পেলাব সিহঁতে।
ডাঙৰ ল'ৰা-ছোৱালীবোৰে কুঁৱাৰপৰা পানী তুলি দিওঁতে কয়- বাৰু সৰু খুড়া, আজি মাছৰ মূৰটোতো তুমিয়ে খাবা? পট্লিয়ে কৈছিল, সৰু খুড়াই আজি মোক দিব মূৰটো ।
প্যাঁকালে গা ধুওঁতে কিবা ভাবে! মাথো
কয়-হুঁ।
তাৰ এই ‘হুঁ’ শুনি
ল’ৰাটোৱে আতংকিত
হৈ ক’লে- বাৰু সৰু
খুড়া, কাইলৈৰ পৰা মোক
যোগালী কৰিবলৈ লৈ যাবানে ? সেই
পাৰাৰ ভুলোতো মোতকৈ বহু সৰু, সি
দিনৌ দুঅনা কৰি আনে যোগালী কৰি। বাৰু সৰু খুড়া, দুঅনাত এটা মাছ পোৱা নাযায়নে? তাৰ পাছত ভনীয়েকৰ ফালে চাই ক'লে- কাইলৈৰপৰা মোৰ অকলেই এটা মাছ ! দেখুৱাম আৰু খাম। ঐ পুট্লিকযদি
মাছৰ এটা বাকলিও দিওঁ তেনেহ'লে
মোৰ নাম গোৰাই নহয়৷ হাঃ হাঃ!
তাৰ ভনীয়েকে মুখ বেজাৰ কৰি থিয় হৈ
কিবা এটা মতলব ভাবে। তাৰ পাছত হঠাৎ কৈ উঠে- ময়ো কাইলৈপৰা দাৰোগা চাহাবৰ সৰু
ছোৱালীৰ গাড়ী ঠেলিম, হুঃ
হুঃ! চাহাবে মোক তিনি টকা কৰি বেতন দিব বুলি কৈছে! দু’অনা নহয়- তিনি টকা। ময়ো তেতিয়া সৰু
খুড়াক দি জেলেপি আৰু মিঠৈ অনাম।
প্যাঁকালে স্নান শেষ কৰি তাৰ ভনীয়েকৰ
প্ৰসূতি ঘৰত সোমাই ক'লে-
হে’ৰৌ পাঁচি, তোৰ ল'ৰাটো দেখুৱা!
প্যাঁচি একো কোৱাৰ আগতেই তাৰ মাকে দৌৰি
আহি ক'লে- হে’ৰৌ প্যাঁকালে, খালী হাতৰে দেখিবি কেনেকৈ !
প্যাঁকালে নিজৰ ৰিক্ততাত সংকুচিত হৈ ক’লে- বাৰু, কাইলৈ কিংবা বেলেগ এদিন চামহি। মোৰ-
চালাৰ মনতে নাছিল যে, খালী
হাতেৰে চাব নাপায়। কৈয়ে সি লৰালৰি কৰি ৰান্ধনি শালত মাজু বোৱাৰীৰ কাষত গৈ বহিল৷
মাছটো চৌকাত দি তেতিয়া মাজু বোৱাৰীয়ে
ভাতৰ ফেন গালী আছিল। ইফালে সিফালে সামান্য লক্ষ্য কৰি তাই ক’লে- সৰু বোৱাৰী কিন্তু নাবাচে, সৰু ভাইটি। এইদৰে কৈয়ে তাই
দীর্ঘনিশ্বাস এৰি আকৌ ক'লে-
সিহঁত মাক-পুতেক উভয়ে যাব এইবাৰ । আজি ওৰেটো দিন যি কৰিছে ল'ৰাটোৱে ! মাকৰ বুকুত এচিকটা গাখীৰ নাই।
আজি এইবোৰ বেমেজালিৰ কাৰণে ছাগলীটোও এৰি দিছিলো। সেই ছাগলীৰ গাখীৰে তাৰ জীৱন।
সামান্য গাখীৰৰ কাৰণে যেন ল'ৰাটো
বামত উঠা মাছৰ দৰে ছট্ফট্ কৰি আছিল। তথাপি ভাগ্য ভাল, দাৰোগা চাহাবৰ পৰিবাৰে সামান্য গাখীৰ
দিছিল। তাৰেই অলপ ৰাখিছিলো, কিন্তু
ল'ৰাটোৱে তাৰে দু’চামুচৰ বেছি নাখালে ৷ কান্দি কান্দি
এতিয়া টোপনি গৈছে। এইদৰে কৈয়ে ভাতৰ হাড়ী জোকাৰ মাৰি ভাতবোৰ ওলোটাই দি মুখৰ
সৰাটো অলপ ফাঁক কৰি একাষত ৰাখি দিলে । প্যাঁকালে একোকে নকৈ লাহে লাহে উঠি বাহিৰলৈ
ওলাই গ'ল।*
ছয়
হঠাৎ সিদিনা কনিষ্ঠা বৌৰ অৱস্থা
একেবাৰে যোৱা-থোৱা হৈ উঠিল। ‘ছিটেন' (খ্ৰীষ্টান)পাৰাৰ ন’কড়ি (নওকড়ি)ডাক্তাৰ তাৰ বৈঠকখানাটো
বিনা পইচাত চূণ-কাম কৰি দিয়াৰ চুক্তিত চাবলৈ আহিল ৷ ক'লে- দুখীয়া মানুহ তহঁত, ভিজিট মই নলও, বোপা- মোৰ বৈঠকখানাত সামান্য ঘোলা মাৰি
দিবি, সেয়া
তিনিদিনমান খাটিলেই হৈ যাব, কি
কোৱা ?
প্যাঁকালে চকুপানী মচি কৃতজ্ঞ দৃষ্টিত
ডাক্তাৰ বাবুৰ ফালে চাই মূৰ জোকাৰি সন্মতি জনালে।
ন’কড়ি ডাক্তাৰ নাড়ী টিপি ক’লে- অৱস্থা বৰ ভাল দেখা নাই অ’, হার্টফেল কৰাৰ বৰ ভয়।
মাজু বৌৱে ইংগিতত প্যাঁকালক মাতি
ফুচফুচাই ক'লে-
একেবাৰে বেহুচ ডাক্তাৰতো, ৰোগীৰ
ওচৰত তাৰ অৱস্থা এনেকৈ কয় নেকি ?
ন’কড়ি ডাক্তাৰ বোধহয় তেতিয়া মাজু বৌৰ ইংগিতৰ মানে বুজিব পাৰিছিল।
লৰালৰি কৈ প্যাঁকালক মাতি ক'লে-
হে’ৰৌ, তহঁতৰ ঘৰত মুৰগী-পোৱালি আছেতো? সামান্য জোল কৰি খুওৱাচোন। চাবি
এতিয়াই আৰোগ্য হৈ উঠিব। নেভাবিবি একো, এওঁ ভাল হৈ উঠিব। এইদৰে কৈ হুমুনিয়াহ কাঢ়ি দুবাৰমান হাত চাপৰ মাৰি
মাজু বৌৰ ফালে মুখ মেলি চাই ৰ'ল।
যেন গিলি খাব। মাজুবৌৱে সামান্য হাঁহি মাৰি ঘৰৰ ভিতৰলৈ সোমাই গ'ল৷ ডাঙৰ বৌৱে ক'লে- হে’ৰৌ, এনেকৈ
হাঁহিছ যে!
মাজু বৌৱে ডাক্তাৰে যাতে শুনিবলৈ পায়
তেনেকৈ জোৰেই কৈ উঠিল- চৌকাৰ বাহী ছাইবোৰৰ গতি লগোৱা দেখি । এইদৰে কৈয়ে সামান্য
হাঁহি মাৰি পুনৰ ক'লে-
যেনে চৌকামুখী দেবতা, তেনেকৈ
ছাইৰ দৰে নৈবদ্য।
ডাক্তাৰ তেতিয়া উঠি থিয় হৈছে।
তেতিয়া ৰোগীতকৈ তাৰ নিজৰ নাড়ীয়ে অধিক চঞ্চল।.....
মাজু বৌৰ ৰূপ পাৰাৰ প্ৰতিদিনৰ আলোচনাৰ
বস্তু। দুখৰ জুইত পুৰিও তাই সোণৰ দৰে সামান্যও মলিন হোৱা নাই । মেঘে ধোৱা জোনৰ দৰে
আজিও ছিটিকি পৰিছে ৰূপ । পাৰাৰ ছোৱালীবোৰে কয়- মাগীৰ বয়স বাঢ়ি যেন ষাঁড় হৈ
উঠিছে দিনে দিনে।
তাইৰ আটাইতকৈ বদ অভ্যাস, কাৰণে-অকাৰণে তাই হাঁহে। অপৰূপ সেই
হাঁহি।...যেন ফুটন্ত ফুল, হঠাৎ
চন্দ্রোদয়।
ডাক্তাৰ মাজু বৌৰ শূন্য নিটোল হাতদুখন, এযোৰ বগা পাৰৰ দৰে ভৰি আৰু ঘোমটাৰ
অন্তৰালে সোণৰ বলাকাৰ দৰে ওঁঠসহ অৰ্দ্ধেক গালৰ বাহিৰে আৰু একো চাবপৰা নাই। কিন্তু
ইয়াতেই তাৰ নাড়ী এশ পাঁচ ডিগ্ৰী জ্বৰৰ ৰোগীৰ দৰে দ্ৰুত চলিছিল।
দুৱাৰমুখলৈ গৈ ডাক্তাৰ হঠাৎ থমকি ৰৈ ক'লে- হেৰ', মুৰগীৰ কণী আছে তহঁতৰ ঘৰত? এটি ঔষধৰ কাৰণে বৰ দৰ্কাৰ আছিল মোৰ৷
ডাক্তাৰ বাবুই বিচাৰিছে, কথাটো ভাবিয়ে প্যাঁকালে ব্যথিত হৈ
উঠিল। সি অতি বিনয়ৰ সৈতে ক’লে-
হয়, অৱশ্যেই আছে-
আনি দিছো, বাৰু।
এইদৰে কৈয়ে সি ঘৰৰ ভিতৰলৈ সোমাই যোৱাত মাজু বৌৱে উষ্মাৰে ক’লে- কণী-ছনী নহ'ব, সৰু ভাইটি ! কোৱাগৈ ঘৰত কণী নাই। আঃ! মৰি যাওঁ, মানুহে যি কয়- সেয়াই কৰে । সেই
কণীকেইটা বিক্ৰী কৰি এবেলা দুমুঠি ভাত উঠিব ল'ৰা-ছোৱালীকেইটাৰ মুখত।
প্যাঁকালে ইমানপৰে আঠোটামান কণীলৈ
ডাক্তাৰৰ ওচৰত হাজিৰ হৈছে। ডাক্তাৰে তেওঁৰ পকেটৰপৰা স্টেথিচকোপটো উলিয়াই আনন্দ
মনেৰে কণীবোৰ পকেটস্থ কৰিলে।
মাজু বৌৱে সামান্য উচ্চকণ্ঠেই ক'লে- ডাক্তাৰৰ ডিঙিত সেইটো কি ওলমি আছে, সৰু ভাইটি। মানুহজনে ডিঙিত জৰী ল’লে নেকি?
প্যাঁকালে এবাৰ সামান্য ৰাগান্বিত
কণ্ঠত ক’লে- তুমি থামাচোন, মাজু বৌ, সদায় ইয়ে ভাল নালাগে, বুজিলা ।
মাজু বোৱাৰীয়ে সেই কথাত গুৰুত্ব নিদি
গুনগুন কৰি গীত জুৰিলে-
কিমান আশা কৰি সাগৰ সিঁচিলো
মাণিক পোৱাৰ আশাত
শেষত সাগৰ শুকাল, মাণিক লুকাল
অভাগিনীৰ কপাল দোষত ৷
গীত নহয় যেন বুকুভঙা আর্তনাদ ৷
ডাঙৰ বৌৱে তন্ময় হৈ শুনে আৰু কয়-
সঁচাই মাজু বৌ, ডাঙৰ
মানুহৰ ঘৰত জন্ম ল'লে
তই জজ চাহাবৰ বিবি হ’লিহেঁতেন।
কৈয়ে ডাঙৰকৈ নিশ্বাস এৰে।
মাজু বোৱাৰীয়ে সেই কথাত কাণ নিদি চৌকা
মচি মচি আপোন মনে গাই যায়। যেন তাৰ শ্ৰোতা এই জগতত কোনো নাই।
নিষ্ঠুৰ কালাৰ নাম নল’বি
কালাৰ নাম ল'লে প্ৰাণ কান্দিব
কালাত মজিব মন অ’
নিষ্ঠুৰ কালাৰ নাম নল’বি।
তাইৰ গীতৰ সুৰ অতিৰিক্তভাবে কঁপে-
নিশীথ নিশাৰ বৰ্ষণমুখৰ বতাহ যেনেকৈ কঁপে বাঁহবনত।
ডাঙৰ বৌৱে সকলো বুজে৷ তাৰ পাছত লাহে
লাহে উঠি যাওঁতে মাজু বৌৰ কাণৰ গুৰিলৈ মুখ আনি ক'লে- আজি তই চকুলোৰে চৌকা মচিব নেকি?
কনিষ্ঠা বৌৰ ল'ৰাটো মাথোন কান্দে- দিন-ৰাতি সেই
কান্দোনৰ কোনো বিৰাম নাই। যেন পাট পঁচাই তাৰ ছাল-মঙহ তুলি নিয়া হৈছে- বাকি আছে
মাথোন হাড়-অস্থি।
মাজু বৌ আহি কোলাত তুলি ল'লে৷ কয়- আই-ঐ-দেহি বাছাৰ পিঠিত ঘাঁ হৈ
গ'ল শুই শুই থাকি। তাৰ পাছত মনে মনে
ক’লে- হায় আল্লাহ, এই দুধৰ পোণাটোৱে কি অপৰাধ কৰিছিল
তোমাৰ ওচৰত? মাৰিবলৈয়ে
যদি হয় এনেকৈ কন্দাই নামাৰি তুলি লোৱা পোণাকণক । তাৰ পাছত বুকুত সাৱটি ধৰি চুমা
খাবলৈ ধৰে।
কনিষ্ঠা বৌৱে দেখে আৰু কান্দে। কয়-
মাজু বাইদেউ, তয়ে
এওঁৰ মাক । মইতো যাবলৈ ওলাইছো, তুমিয়ে
এওঁক চাবা । আৰু যদি ইও - ইওঁ যায় -
আৰু ক'ব নোৱাৰিলে, চকু-পানীত
বুকু ভাহি গ'ল।
পশ্চিম ফালে মুখ কৰি সর্বান্তকৰণে প্ৰাৰ্থনা কৰে- আল্লাহ অ’, বহু বহু দুঃখেই দিলা, আৰু নিদিবা । বাছাক যদি নিবই লাগে, মোৰ দুদিন পাছতে নিবা ৷
মাজু বৌৱে পোণাকণক টোপনি নিয়াবলৈ
চেষ্টা কৰি কয়- চুপ থাকচোন, সৰু
বৌ। মৰিবলৈ বিচাৰিলেই তোক মৰিবলৈ দিম নেকি, হে’ৰৌ? এই বেটাৰ ৰোজগাৰ খাবি, বেটাৰ বিয়াত নাচিবি, তাৰ পাছত নাতি-পুতি দেখি তোৰ ছুটি।
কৈয়ে ঘুমন্ত ল'ৰাটোৰ
চকুত চুমা খাই ক’লে-
বাছাক বিয়া কৰাম কাজীৰ ঘৰত৷
আকৌ অকাৰণ হাঁহি। হাঁহিৰ চোটত চকু-মুখ
যেন ৰঙা হৈ উঠে। ল'ৰাটোক
তাৰ মাকৰ কাষত শোৱাওতে শোৱাওতে গায়-
বাছা আমাৰ হাল বায়, দুফালে তাৰ ক'লা গৰু,
বাছাক বাছি বাছি বিয়া দিম, পেট মোটা কঁকাল সৰু ৷
কনিষ্ঠা বৌৱে হাঁহে, বালিচৰত অস্তগামী জোনৰ ক্ষীণ
ৰশ্মিৰেখাৰ দৰে৷*
সাত
দিন যায়, দিন আহে, আকৌ দিন যায়।
ইয়াৰ মাজতে এদিন গজালৰ মাকে উচ্চকণ্ঠত
কান্দি কান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাজু বোৱাৰীৰ ভৰিৰ ওপৰত মূৰ ঠুকিবলৈ ধৰিলে।
লগে লগে গালি, উপৰোধ, অনুৰোধ, অনুনয়, বিনয়-
ইয়াৰ কিছু কথা বুজা গ'ল, কিছু বুজা গ'ল৷
মাজু বোৱাৰীয়ে তাইৰ শাহুৱেকৰ মূৰটো
ভৰিৰ ওপৰৰপৰা আঁতৰাই অলপ পিছুৱাই গৈ থিয় হ'ল। তাই ইয়াৰ কাৰণো বুজিব পাৰিলে । তথাপিও কটূ কণ্ঠত ক’লে- এয়া কি আই ! তুমি মোৰ ভৰি চুই মোক
গুনাহ (পাপ)ত পেলাব বিচৰা নেকি?
কিয়, কি
কৰিছো মই?
শাহুৱেকে কান্দোন বিদীর্ণ-কণ্ঠত ক'বলৈ ধৰিলে- সেয়া অৱশ্যেই ক’বি, হে’ৰৌ, মোৰ চফল পুত খাঁতী। মোৰ পুত্ৰৰ মূৰটো
খাই এতিয়া ওলালি নিকা কৰাবলৈ । ভাল নহ'ব, হে’ৰৌ, ভাল নহ'ব।
এতিয়াই মই কৈ থৈছো, বিয়াৰ
ৰাতিয়ে ফেটী- সাপে খুঁটিব উভয়ক। - আকৌ চিয়ঁৰ!
তেতিয়া ভৰ দুপৰীয়া । প্যাঁকালে কামলৈ
গৈছে। ল'ৰা-ছোৱালীবোৰৰ
কোনোবাই ওলাইছে খৰি লুৰিবলৈ, কোনোবাই
গৈছে গোবৰ বুটলিবলৈ।
সৰু বোৱাৰী শুই শুই ঢিমিক্-ঢামাক্
কৰিছে। তাইৰ কাষত ল'ৰাটো, যেন কৱৰস্থানৰ নুমাও নুমাও মৃৎ-প্ৰদীপৰ
শেষ ৰশ্মি। মাথোন এটি ‘ফু ’ৰ অপেক্ষাত ৰৈ আছে।
ডাঙৰ বোৱাৰীয়ে চোতাল মচিবলৈ এৰি
স্তম্ভিত হৈ চাই আছিল, শুনি
আছিল সকলো। এইবাৰ তাই ভয় আৰু বিষাদ- জড়িত কণ্ঠত কৈ উঠিল- সঁচা নেকি মাজু বৌ?
মাজু বোৱাৰীয়ে লাহেকৈ ক'লে- সঁচা নহয় ।
এই দুটা শব্দৰ আশ্বাসেই শাহুৱেকে যেন
হাতত জোনটো পাই গ'ল।
তাই হঠাৎ কান্দিবলৈ এৰি মাজু বোৱাৰীৰ মুখৰ ফালে চাই ক'লে- সঁচাকৈয়ে কৈছ নেকি আই মোৰ? সঁচাকৈয়ে তই নিকা নকৰ নেকি? তেনেহ'লে যে ভোলাহঁতৰ ঘৰত শুনি আহিলো, তোক নিকা কৰাবলৈ তোৰ ভনী-জোঁৱায়েক কলিকতাৰপৰা আহিছে? সেয়েতো কওঁ, সৌ বুঢ়া মানুহটোৱে- থাককচোন তাৰ টকা-
তাক তই নিকা কৰাব পাৰিবি নেকি? তদুপৰি
আই, তোৰ এই ল'ৰা-ছোৱালী দুটাৰ মায়াই বা এৰিবি
কেনেকৈ ক'চোন তই? নিকা কৰালেও ল'ৰা-ছোৱালী দুটাক এৰি নিদিও।
মাজু বোৱাৰীয়ে বহলকৈ ডাঙৰ বোৱাৰীৰ
মুখৰ ফালে চাই সামান্য হাঁহি মাৰি বেলেগ কামলৈ বুলি আঁতৰি গ'ল ৷
ডাঙৰ বোৱাৰীয়ে মাজু বোৱাৰীক ভালদৰেই
জানিছিল। তাই জানে, মাজু
বোৱাৰীয়ে মিছা কথা নকয় আৰু যি কয়, সেয়া চিৰকালৰ কাৰণেই সত্য হৈ যায় । তাই মাজু বোৱাৰীৰ হাঁহিৰ মানে
বুজিব পাৰি চোতাল মচিবলৈ গ'ল।
যাওঁতে তায়ো অকণমান হাঁহি মাৰি কৈ গ'ল- পাৰাৰ গা-খাঁতীবোৰৰ যেনেকৈ খাই-বই কাম নাই, তোমাৰো আই তেনেকৈ যা-তা-নকয় নে ইয়ে -
শাহুৱেক সামান্য লজ্জিত হৈও চকুলো মচি
ডাঙৰ বোৱাৰীয়ে য’ত
চোতাল মচিছিল, মনে
মনে তালৈ আহি থিয় হ'ল । তাৰ পাছত লাহে
লাহে ক'লে-হেৰৌ ডাঙৰ
বোৱাৰী, সঁচাকৈয়ে
চেঙেৰীয়ে নিকা নকৰেতো ? চেঙেৰীৰ
ৰূপ যিদৰে ছিটিকি পৰিছে এতিয়াও,
তদুপৰি পাৰাৰ হতশ্রী চেঙেৰাবোৰে দিন-ৰাতি চেঙেৰীৰ ফালে মুখ মেলি চাই
থাকে। আঃ মৰি যাওঁ ! ডেকাবোৰ যেন বোন্দা ! ইচ্ছা যায় দিও চকু কণা কৰি। আৰু সেই
বৃদ্ধ মানুহটো- তাইৰ ভনীয়েকৰ গিৰিয়েক- মানুহজন যেন তাইৰ অভিভাৱক ! মানুহজনৰ লাজ
নালাগিলনে কলিকতাৰ পৰা কেষ্ট নগৰলৈ দৌৰি আহিবলৈ এই ছোৱালীৰ বয়সৰ বোৱাৰীক নিকা
কৰাবলৈ! জাৰু মাৰ! জাৰু মাৰ !
আৰু কিবা-কিবি বলকি যায় আপোন মনে।
ডাঙৰ বোৱাৰীয়ে সহ্য কৰিব নোৱাৰি সামান্য
খঙেৰে সৈতে কৈ উঠিল- বাৰু আই, তোমাৰ
কোনো জ্ঞান-গৰিমা নাই নেকি? যাৰ
বিয়া তাইৰ মনত নাই, চুবুৰীয়াৰ
টোপনি নাই। যি নহয় সেয়া। মাজু বৌক যদি তুমি চিনিব পাৰিলাহেঁতেন, তেনেহ'লে এই কথা নক’লাহেঁতেন।
কৈয়ে জোৰে জোৰে চোতাল মচিবলৈ ধৰিলে।
শাহুৱেকে ডাঙৰ বোৱাৰীৰ খং বুজিব পাৰে।
বেলেগ দিনা বৌৱেকে এনেকৈ কথা ক'লে
হয়তো লংকাকাণ্ড লটি গ'লহেঁতেন।
কিন্তু আজি সেইবোৰ সহ্য কৰি যাবলৈ ধৰিলে । তাইৰ বৌৱেক পৰ হৈ নাযায় এই আনন্দই নধৰা
হৈছে তাইক । আজি বৌৱেকৰ গালিও অদ্ভুত মিঠা লাগিবলৈ ধৰিলে তাইৰ কাণত।
কিন্তু আজি তাই বহু কিবা-কিবি শুনিও
আহিছে সেই পাৰাত- সেয়া সঁচাই হওঁক আৰু মিছাই হওঁক, পৰিপূৰ্ণ শান্তি তাই পোৱা নাই। এয়াও তাই জানিছিল যে, মাজু বোৱাৰীক ইয়াতকৈ বেছি সুধিবলৈ গ'লে হয়তো তাই এতিয়াই বাপেকৰ ঘৰলৈ গুচি
যাব৷ বাঘিনী শাহুৱেক তাই, বৌৱেকহঁতৰ
কথাত নাকৰ পানী চকু-পানী একাকাৰ কৰে। কিন্তু মাজু বোৱাৰীক কিয় যে তাইৰ ইমান ভয়, কিয় যে তাইক বেলেগ বৌৱেকহঁতৰ দৰে
গালি-শপনি পাৰিব নোৱাৰে, সেয়া
তাই নিজেই বুজিব নোৱাৰে।
মাজু বোৱাৰীৰ দুটা ল'ৰা-ছোৱালী হ'লেও তাইৰ শৰীৰৰ গঠন দেখি আজিও আবিয়ৈ
ছোৱালী বুলি ভ্রম হয়। বিধৱা তাই,
তথাপি পানতো খায়ে,
দুই এদিন চুৰীও হাতত দিয়ে- ৰঙীন ৰেচমী চুৰী তাৰ পাছদিনাই ভাঙি
পেলায় । তাইৰ কাপোৰ পিন্ধাৰ ধৰণো সামান্য খ্ৰীষ্টান ধৰণৰ। মূৰটো তাই চিধাকৈয়ে
ফণিয়ায় হয়তো; ছোৱালীবোৰে
কিন্তু কয়, তাই
তেৰেচীয়াকৈ ফণিয়ায়৷ খোপাত তাইৰ মাজে মাজে গেন্দা আৰু চম্পা ফুলৰ গুচ্ছ দেখা
যায় ৷ হাঁহিতো ওঁঠত লাগিয়ে থাকে,
তদুপৰি তাই দিন-ৰাতি গুগুন্ কৰি গীত গায় ৷
তথাপিও পাৰাৰ কোনেও তাইৰ বদনাম ৰটিবলৈ
সাহস কৰা নাই আজিলৈকে । তাই যেন পাৰাৰ আটায়েৰে চেনেহৰ দুলালী জীয়াৰী।
শাহুৱেকে যেতিয়া-তেতিয়া তাইৰ আগত
কয়- আই অ', মই
যেন জুইৰ আইলা বুকুত লৈ বৈ আছো ৷
মাজু বোৱাৰী সঁচাকৈয়ে যেন জুইৰ আইলা।
ৰূপ তাইৰ জুইৰ শিখাৰ দৰেই লক্ক্লক্ কৰে। কিন্তু ধৰিবলৈ গ'লে হাতো পোৰে। এই হাত পোৰাৰ ভয়তে
হয়তো পাৰাৰ মুখপোৰাহঁতে সেইফালে হাত মেলিবলৈ সাহস গোটাব নোৱাৰে৷
তাই যেন বচৰাই গোলাপৰ লতা । শাখা ভৰা
ফুল, পাত ভৰা কাঁইট।
তাই যেন বোবা টকা। মাথোন ৰূপ, খাদ নাই। বজাবলৈ বিচাৰিলে নাবাজে।
মানুহে জানে, সেই
টকাৰে সংসাৰ নচলে। বৰ বেছি ডিঙিত মাদুলি কৰি ৰাখিবপৰা যায় .....
কিন্তু এই নিকাৰ খবৰটো একেবাৰে মিছা
নহয়। মাজু বোৱাৰীৰ ভনীয়েকৰ গিৰিয়েক সঁচাকৈয়ে বৰলোক- কলিকতাত চামৰাৰ ব্যৱসায় ৷
আগতে তাৰ নাম আছিল ঘাসু মিয়া, এতিয়া
সি ঘিয়াছুদ্দিন আহমেদ। পূর্বে সি ঘোড়াৰ গাড়ী চলাইছিল, এতিয়া ঘোড়াৰ গাড়ীয়ে তাক লৈ ফুৰে।
ঘিয়াছুদ্দিন নামৰ ক্ষেত্ৰত প্ৰমোচন
পাই যোৱাৰ পাছৰপৰা সি আৰু শহুৰেকৰ ঘৰত ভৰি থোৱা নাই। তাৰ স্ত্ৰী চিৰ- ৰোগী। ফলত সি
আৰু দুটা বিয়া কৰাব লগা হৈছে। সি কয়, এক বিয়াত ইজ্জত নাথাকে মানুহৰ ওচৰত । তাৰ খুলশালী- অর্থাৎ মাজু
বোৱাৰীক সি আগতেই দেখিছিল। ফলত মাজু বোৱাৰী বিধৱা হোৱাৰ পাছৰপৰা তাৰ শহুৰেকৰ ঘৰৰ
আকৰ্ষণটো পুনৰ নতুনকৈ আৰম্ভ হৈছে। বৰলোক জোৱাইক দেখি শহুৰেক-শাহুৱেক আনন্দিত
হোৱাতকৈ সন্ত্রস্তই হৈ উঠে অধিক। নিজৰ দাৰিদ্ৰ্যৰ লজ্জাত সৰ্বদা যেন ইমানখিনি হৈ যায়
জোৱায়েকৰ আগত ৷ অৱশ্যে বাহিৰত ইয়াকে লৈ অহংকাৰ কৰিবলৈও
নেৰে।
মাজু বোৱাৰীৰ বাপেকৰ ঘৰ শহুৰেকহঁতৰ
ঘৰৰপৰা সামান্য নিলগত কুড়ুচিপোতাত । ফলত তাই যেতিয়াই ইচ্ছা তেতিয়াই বাপেকৰ ঘৰলৈ
গুচি যায়। শাহুৱেক এই কাৰ্যত মনক্ষুন্ন হ'লেও জোৰ কৰি একো ক'ব
নোৱাৰে। তাইৰ সদায় ভয়, বেছি
টান দিলেই হয়তো এই ক্ষীণ সূতাডাল চিঙি যাব।
মাজু বোৱাৰী আৰু শাহুৱেকৰ মাজত যেন
চিলা-ডোঁৰৰ খেল চলিছে। মাজু বোৱাৰী উৰি ফুৰে মুক্ত আকাশত মুক্ত বতাহত। শাহুৱেকে
ধাৰণা কৰে, হাতৰ
বন্ধনৰ পৰা মুকলি হৈ তাই গুচি যাব বিচাৰে সূতা চিঙি । সেয়ে বতাহ যিমান জোৰে ব’লে, তাই জোৰ কৰি টানি নধৰি সূতা এৰি দি থাকে। কিন্তু সেই সূতাৰো শেষ আছে!
তদুপৰি সেই পচা সূতাৰ জোৰেই বা কিমান- সেয়াতো নজনা নহয় তাই। সেয়ে তাইৰ
অস্বস্তিৰ আৰু অন্ত নাথাকে ৷
বেলেগ বৌৱেকহঁতক লৈ সেই ভয় নাই বুলিয়ে
তাই সিহঁতৰ ওপৰত ইমান নিৰ্মম হ'ব
পাৰে৷
ৰূপৰ এক মোহ আছে। তাত যে মাথোন পুৰুষে
মুগ্ধ হয় সেয়া নহয়, গর্বিতা
তিৰোতা ৰূপৰ তাপত নগলিলেও, নম
হৈ পৰে বহুখিনি ।
ঘৰৰ পশু-পক্ষীবোৰেও যেন তাইৰ আকৰ্ষণ
অনুভৱ কৰে। সিহঁতৰ এজনী গাইগৰু আছিল, অভাৱত পৰি তাইক বিক্ৰী কৰি দিব লগা হৈছে,- তাই মাজু বোৱাৰীৰ বাহিৰে বেলেগ কাৰো
হাতত খাব খোজা নাছিল ৷
গৰুৰ বোধশক্তি আছে, নে নাই নাজানো, কিন্তু সিদিনা বগী গাইজনীক কিনি লৈ গ'ল সৌ পাৰাৰ ৰেমো, সিদিনা মাজু বোৱাৰী আৰু বগীৰ চকুত লোতক
দেখা গৈছিল। আজিলৈকে পলাই আহে গাইজনী। ওৰেটো বাট এনেকৈ দৌৰি আৰু হেম্বেলিয়াই আহে
যে, সেয়া দেখি ঘৰৰ
আটায়েৰে চকু অশ্রুসিক্ত হৈ উঠে। আহিয়ে মাজু বোৱাৰীক দেখি সেয়া কিযে
আকুলি-বিকুলি সেই অবলা পশুৰ! গা-হাত চেলেকি চাৰিওফালে ঘূৰি তাইৰ যেন আৰু হেঁপাহ
নপলায়।
ডাঙৰ বোৱাৰীয়ে কয়- মাজু বৌ, তই যাদু জান ।
যিদিনা ঘিয়াছুদ্দিন কড়ুচিপোতা লৈ
আহিছিল সিদিনাই মাজু বোৱাৰীক লৈ যোৱাৰ কাৰণে তাইৰ মাক আহি ধৰ্ণা দি বহিছিল। বিয়নী
বিয়নীয়ে খুব এবখলা কাজিয়া হৈছিল। মাকৰ কন্দা-কটা দেখি মাজু বোৱাৰীয়ে নোযোৱাকৈ
থাকিব পৰা নাছিল। তাইক লৈ যোৱাৰ উদ্দেশ্যও তাই উপলব্ধি কৰিব পাৰিছিল ! কিন্তু সেই
ৰহস্যভৰা স্বভাৱৰ কাৰণেই তাই হয়তোবা ইচ্ছা কৰিয়ে গৈছিল।
ডাঙৰ বোৱাৰীয়ে হাঁহি মাৰি কৈছিল- আকৌ
আহিবিনে মাজু ?
মাজু বোৱাৰীয়ে হাঁহি মাৰি কৈছিল- যোৰা
লগাই পেলাম, বাইদেউ।*
আঠ
সিদিনা ঘিয়াছুদ্দিন শহুৰেকহঁতৰ ঘৰলৈ
আহিছে। মাজু বোৱাৰী ভিনিহিয়েকক চাবলৈ আহিছে। তাই নিজেই আহিছে, নহ'লে ভিনিহিয়েকেই লৈ আহিছে- এনেকৈয়ে কিবা এটা হ'ব।
জুই আৰু সাপ লৈ খেলা কৰাটোৱে যেন তাইৰ
হেঁপাহ। ঘিয়াছুদ্দিনে তাইক বুজিব নোৱাৰে। বুজিব নোৱাৰে বুলিয়ে ইমান সঘনাই আহে।
মাজু বোৱাৰীয়েও সেয়া বুজে, সেয়ে
তাক সঘনাই আহিবলৈ বাধ্য কৰে৷
তাই কয়- ভিনদেউ, তুমি তোমাৰ গাড়ীত নুঠালা দেখোন মোক?
ঘিয়াছুদ্দিনে যেন হাতত জোনটো পাই কয়-
এই কপালত আৰু সেয়া হ'ব
নেকি, বিবি? মোৰ গাড়ীতো সাজু, তুমি নুঠিলা বুলিয়েতো সেইটো ৰাস্তাত
থিয় হৈ আছে।
মাজু বোৱাৰীয়ে মিচিকিয়া হাঁহি মাৰে।
হাঁহিতো নহয় যেন দুধাৰীয়া ছুৰী। বুকু আৰু চকু দুই ঠাইত গৈ বিন্ধে ৷ কয়- অর্থাৎ
মই গাড়ীত উঠিলেই গাড়ী আস্তাৱলত তুলিবা! বাইদেউক যেনেকৈ তুলিছা !
ঘিয়াছুদ্দিন হঠাৎ স্তম্ভিত হৈ যায়।
শাসন নমনা ঘোড়া যেনেকৈ চাবুকৰ কোব খাই থমত্ খাই যায় ঠিক তেনেকুৱা!
সি নিজক সামান্য চম্ভালি লৈ কয়- আৰে
তৌবা তৌবা! এয়া কেনেকৈ বদ ৰসিকৰ দৰে কথা কৈছা, ভাই? আস্তাৱলত
কিয়, গাড়ীৰে সৈতে
মূৰৰ ওপৰত তুলিম তোমাক । তোমাৰ বাইদেৱেৰাতো বুকুৰ ওপৰত আছেই।
মাজু বোৱাৰীয়ে ভিনিহিয়েকৰ মুখৰ কথা
কাঢ়ি নি ক’লে-
মোক ৰাখিবা একেবাৰে মূৰত! এয়েতো! কিন্তু ভিনদেউ, তোমাৰ মূৰ কি সকলো সময়ত ঠিক থাকে যে, মোক তাত চিৰদিন ৰাখিব পাৰিবা? আৰু দুজনকতো মূৰত তুলি শেষত ভৰিৰ তলত নমাই ৰাখিছা !
ঘিয়াছুদ্দিনো হাৰমনা পাত্ৰ নহয় । সি
অধীৰ হৈ ক'লে-কিন্তু
ভাই, সিহঁত হ'ল নিমখৰ বস্তা, বেছিদিন মূৰত লৈ ফুৰিবপৰা যায় নেকি? তুমি হ’লা মূৰৰ মুকুট, তোমাক
মূৰৰপৰা নমাব পৰা যাব নেকি?
মাজু বোৱাৰীয়ে সামান্য বেঁকা হাঁহি
মাৰি কণ্ঠস্বৰত মউ-বিষ দুয়োবিধ মিহলাই কৈ উঠিল- হয় বৰ ভাল কথা কৈছে! কিন্তু এই
পকা চুলিত এতিয়া মুকুট নুশুৱাব,
ভিনদেউ! বগা কিস্তি টুপী মূৰত দিয়া, বেচ শুৱাব। কৈয়ে হিঁ হিঁ কৈ হাঁহি মাৰিলে ৷
ঘিয়াছুদ্দিন ঘামিবলৈ ধৰে। কিবা যেন
অসহ্য উত্তাপ অনুভৱ কৰে সমগ্ৰ দেহ-মনত৷
মাজু বোৱাৰীয়ে তেতিয়াও বাণ মাৰি
থাকে। চিকাৰী যেনেকৈ আহত চিকাৰ নমৰালৈকে বাণ মাৰিবলৈ বিৰত নহয় ৷
তাই ক’লে- পুৰুষসকল যেনেকৈ আমালোকৰ হাতৰ ৰেচমী চুৰী। পৰিবলৈও যিমান পৰ, ভাঙিবলৈও সিমান পৰ।
ঘিয়াছুদ্দিনে কি ক’বলৈ গৈ কি কৈ পেলায়। ক্ৰম হেৰাই
পেলায়। ক’লে-
বাৰু ভাই, তুমি
মূৰত নুঠিলা নাই। পিঠিত উঠিবলৈ ৰাজীতো?
মাজু বোৱাৰী এইবাৰ হাঁহি হাঁহি লুটি
খাই পৰে৷ ক'লে-হয়, তাত ৰাজী আছো । যদি চাবুক পাওঁ হাতত ৷
এইদৰে কৈয়ে পুনৰ ক'লে-
সিদিনা বাবুহঁতৰ ঘৰত কলৰ গানত এটা গীত শুনিছিলো, ভিনদেউ। এইদৰে কৈয়ে সুৰ কৰি গাবলৈ ধৰিলে - মোৰ বুকুত পিঠিত চেপি
ধৰিছে অ’!
তাৰ পাছত গীত গোৱা বন্ধ কৰি ক'লে- বাইদেউ আছে বুকুত, ইয়াৰ পাছত মই উঠিম পিঠিত, তেনেহ'লে তোমাৰ অৱস্থা সেই চেপি ধৰাৰ দৰেই হ'ব দেখোন ! তদুপৰি জীৱনতো এজনী বুকুত বহি থাকিলে আনজনী পিঠিত উঠিব
নোৱাৰে !
গীত শুনি ডাঙৰ বোৱাৰী আহি মাজু বোৱাৰীৰ
কাষত থিয় হৈছিল। তাই এইবাৰ কৈ উঠিল- হে’ৰৌ, ভিনদেউৰ
লগত যে কক্ কৰিছা ৰসত !
ঘিয়াছুদ্দিন যেন এতিয়াহে কুলৰ দেখা
পালে ডাঙৰ খুলশালিৰ বৌক পাই। এইবাৰ সি অধিক সপ্রতিভ হৈ ক'লে- বাপৰে বাপ ! নদীয়াৰ ছোৱালী
নাম-ডাক থকা ছোৱালী, এই
দেশত ৰসিকতা কৰাৰ উপায় আছে জানো?
ভাগ্য ভাল তুমি আহি পৰিছা, নবৌ, নহ'লে এতিয়াই ডুবি মৰিছিলো আৰু!
মাজু বোৱাৰী তাইৰ বৌৱেকৰ ফালে সামান্য
চাই ক'লে- ক’ত ডুবিছিলা, খানাত নে চুৱা-পাতনিত? কিন্তু ইমান ভৰসা নকৰিবা, এওঁ কলৰ ভেল, ডুবাবলৈ বেছি পৰ নালাগিব৷
ঘিয়াছুদ্দিন হতাশ হৈ চালপীৰাৰ ওপৰত
চিত্পতং দি শুই ক'লে-
নাই নাই নবৌ, কোনো
আশা নাই ।
বৌৱেকে হাঁহি মাৰি কৈ গ'ল- ইমান অলপতে হতাশ হ'ব নালাগে পুৰুষ মানুহবোৰে। য'ত টান মাটি, তাত অকনমান বেছি খান্দিলেহে পানী পোৱা
নাযায় ৷
মাজু বোৱাৰীয়ে একো নকৈ তামুক সাজি আনি
ঘিয়াছুদ্দিনৰ হাতত হোকাটো দি ক'লে-
এইবাৰ বুদ্ধিৰ গুৰিত ধোঁয়া দিয়কচোন অকনমান, সকলো পৰিষ্কাৰভাবে দেখিবলৈ পাব।
ঘিয়াছুদ্দিনে হোকাটো হাতত লৈ কৰুণ
নয়নত মাজু বোৱাৰীৰ ফালে চাই ক'লে-
যথেষ্ট পৰিষ্কাৰকৈ দেখিবলৈ পাইছো,
ভনী। ধোঁয়া হৈ থাকিলা মাথোন তুমিয়ে।
কৈয়ে সজোৰে দীৰ্ঘনশ্বিাস এৰি হোকাত মন
সংযোগ কৰিলে।
মাজু বোৱাৰী কৌতুকভৰা চকুত এবাৰ
ভিনিহিয়েকৰ ফালে চাই উঠিবলৈ উপক্ৰম কৰোঁতেই ঘিয়াছুদ্দিন হঠাৎ পোন হৈ বহি ক’লে- ৰ’বাচোন অকনমান, এটা
কাম আছে। কৈয়ে তাৰ হাতৰ কাষৰ বাকচৰপৰা এখন সুন্দৰ ঢাকাই শাড়ী উলিয়াই ক’লে- এইখন তুমি ল'ব লাগিব, ভনী ।
মাজু বোৱাৰী শাড়ীখনৰ ফালে চাই কটাক্ষ
কৰি হাঁহি মাৰি ক'লে-
প্ৰথমৰপৰাই কাপোৰৰ পৰ্দা পেলাই দিলে নেকি? কিন্তু এইখন ঢাকাই শাড়ী, ভিনদেউ, বৰ
পাতল । মই যে বিধৱা, ফলত
গাটো এই পাতল কাপোৰখনেৰে নাঢাকিব।
কৈয়ে মুখখন ঘূৰাই চকু-পানী মচি গুচি গ'ল। ঘিয়াছুদ্দিনৰ হাতৰ কাপোৰ হাততে ৰৈ
গ'ল ৷
খন্তেক পাছতে মাজু বোৱাৰী হাঁহি মাৰি
ঘৰৰ ভিতৰত প্ৰবেশ কৰি ক'লে-ইকি
ভিনদেউ, তুমি এতিয়াও
কাপোৰ হাতত লৈ বহি আছা? দিয়া
দিয়া, মন বেজাৰ কৰিব
নালাগে। কাপোৰখন হাতত লৈ গুন্গুন্ কৰি গীত গাই ওলাই গ'ল- তোৰ হাতৰ ফাঁচ থাকিল হাতত, মোক ধৰিব নোৱাৰিলি!
খন্তেক পাছতে চোতালত মাজু বোৱাৰীৰ
কণ্ঠস্বৰ শুনা গ'ল-
নাই নাই বৌ, আজি
আহো! শাহু আই বোধহয় ইমান সময়ে তাৰ মৃত ল'ৰাটোক নালিচ কৰিছে মোৰ নামত? এই কাপোৰখন তোমাক দিলো। এই পোৰা গাত জানো ইমান ৰং চৰালে ভাল লাগিব? উৱঁলি যাব। বিনা ৰঙতে কিমান বৃদ্ধৰ চকু
জ্বলি গ'ল, ৰং চৰালে নাজানো কি হ'ব। কৈয়ে ভিনহিয়েকৰ ফালে চালে। তাৰ
পাছত ল'ৰা-ছোৱালী দুটাৰ
হাতত ধৰি ৰাস্তালৈ ওলাই আহিল।
ওৰোটো ৰাস্তা তাইৰ ভৰিৰ তলত কান্দি
থাকিল।*
ন
সিদিনা ডাঙৰ বোৱাৰী, প্যাঁকালে, তাৰ মাক আৰু প্যাঁচি মিলি এখন পৰামৰ্শ
সভা বহিছিল।
প্যাঁকালে অতিমাত্রা উত্তেজিত হৈ ক'লে- মই সেয়া কেতিয়াও কৰিব নোৱাৰিম ৷
মই কাইলৈয়ে ৰাণাঘাটলৈ গুচি যাম। তাত দৈনিক চৌধ্য আনাকৈ পাম।
তাৰ মাকে অনুনয়ৰ সুৰত ক'লে- খং কৰিছ কিয়, বাপ? এনেকুৱাতো সকলো দুখীয়াৰ ঘৰতে হৈছে আজি-কালি । তদুপৰি তাইৰ জোনৰ দৰে
মুখখন কেতিয়াও পাহৰিব পৰা নাই। এনেকুৱা বোৱাৰী পৰ হৈ যাব ! মোৰ কপালে যদি
নুপুৰিলহেঁতেন তেনেহ'লে
ছোভানে বা মৰিব কিয়, আৰু
তোকেই বা এই উপৰোধ কৰিবলৈ যাম কিয়?
প্যাঁচি মাকৰ কথাত সঁহাৰি জনাই ক'লে- হে’ৰৌ ভাই, তোমাৰ
এক আশ্চর্য লাজ। এনেকুৱাতো কিমান হৈছে! এদিন নবৌ বুলি মাতিছা বুলিয়ে ইয়ে নকৰিবা।
দুদিনমান বেয়া লাগিব, তাৰপাছত
সময়ত সকলো ঠিক হৈ যাব, দেখিবা
। প্যাঁকলে দাঁত কৰচি কৈ উঠিল- তই থামচোন, প্যাঁচি। যি নহয় সেয়া ! তই তেনেহ'লে নিকা নকৰালি কিয় তোৰ স্বামীৰ ককায়েক?
প্যাঁচি ল'ৰাৰ মাক হ'লেও তাইৰ ল'ৰা-ধেমালি কৰাৰ বয়স এতিয়াও যোৱা নাই।
তাইৰ ককায়েক বিয়া কৰোৱাৰ ইংগিত শুনি তাই একেবাৰে তেলত বেঙেনা হৈ উঠিল ৷ ক'লে- সি ইয়াত নিকা কৰাব কিয়। কুর্শিক
সি বিয়া কৰাব খ্ৰীষ্টান হৈ।
প্যাঁকালে খং কৰি উঠি যোৱাৰ সময়ত ক’লে- থাকক নিকা, মই গ'লো। কৈয়ে সি ওলাই গ'ল।
ডাঙৰ বোৱাৰীয়ে ক'লে- তেতিয়াই কৈছিলো, মা, যে, এয়া
নহ'ব । তদুপৰি
তোমাৰ পুতেৰা ৰাজী হ'লেও
তাই যেনেকুৱা তিৰোতা- কেতিয়াও ৰাজী নহ'লহেঁতেন ।
শাহুৱেকে দীঘলকৈ হুমুনিয়াহ কাঢ়ি ক’লে- কপাল আই, কপাল! কি কৰিবি ক’! সেই বৃদ্ধ মানুহটোৱে আছে চেঙেৰীৰ কপালত
। কৈ ছোভানক উদ্দেশ্য কৰি বিনাবলৈ ধৰিলে।
ডাঙৰ বোৱাৰীয়ে সামান্য খঙেৰে সৈতে ক’লে- তোমাৰে মা লৰালৰি। জানাই যে মাজু
বৌ সেই বিয়াত ৰাজী নহয়, তথাপি
তাকে লৈ দিবা-নিশা কন্দা-কটা। তুমিয়ে খেদিবা মাজু বৌক এনেকৈ ।
তেতিয়াই মাজু বোৱাৰী তাইৰ বাপেকহঁতৰ
ঘৰৰপৰা আহি পালে ৷ ডাঙৰ বোৱাৰীয়ে হাঁহি মাৰি ক’লে- হে’ৰৌ, যোৰাত উভতিলি, নে বেযোৰা হৈ ?
মাজু বোৱাৰীয়ে ডাঙৰ বোৱাৰীৰ ৰহস্যৰ
উত্তৰ নিদি তিক্তকণ্ঠত কৈ উঠিল- অৱশ্যে তোমালোকে যি ধৰণৰ কৰি তুলিছা অৱস্থা তাতে
দেখিছো যোৰাই বিচাৰি ল'ব
লাগিব মোক । কৈয়ে শাহুৱেকৰ ফালে চাই ক'লে- আই-ঐ-দেহি ! পাৰাত হৈ-চৈ লাগি গৈছে ইয়াকে লৈ ! কেলেংকাৰীৰ আৰু
বাকী নাথাকিল ! বাৰু মা, এনেকুৱা
কৰি তুমি মোক দেশান্তৰী কৰিব খুজিছা নেকি? তুমি জানা, মোৰ
ভনীয়েক জীয়াই আছে আজিও। এজনী ভনী জীয়াই থাকোঁতে বেলেগ এজনী ভনীক নিকা কৰিবপৰা
যায় নে নেযায়, যোৱা
সেয়া মৌলবীহঁতক সুধি জানি আহাগৈ। কৈয়ে বাৰাণ্ডাৰ পিৰালিত বহি ভৰি দোলাবলৈ ধৰিলে।
সৰু ল'ৰা-ছোৱালীয়ে খং
কৰিলে যেনেকুৱা কৰে৷
ডাঙৰ বোৱাৰীয়ে উৎফুল্লিত হৈ ক'লে- ঠিকেই কৈছা মাজু বৌ। চাচোন, সেই কথাটো আমাৰ কাৰো মনতেই নাছিল যে, এজনী ভনীয়েক থাকোঁতে বেলেগ ভনীয়েকক
নিকা কৰিবপৰা নাযায়। সঁচাকৈয়ে মাজু বৌ, তোৰ নজনা একোৱে নাই দেখিছো। আমাৰ হাফিজ চাহাব হাৰ মানে তোৰ ওচৰত।
কৈয়ে মাজু বোৱাৰীয়ে কোন দিনা কি ফতোৱা দিছিল, তাৰে সালংকাৰ বৰ্ণনা আৰম্ভ কৰি দিলে।
তাইৰ শাহুৱেকৰ সন্দেহ কিন্তু নুগুচে, তাই বিনাবলৈ এৰি ক'লে- তই থাম্চোন ডাঙৰ বোৱাৰী, এনেকুৱা বহু দেখিছো৷ কিমান জনে আমাৰ
চকুৰ আগতে এজনী ভনীক তালাক দি আনজনী ভনীক বিয়া কৰালে! সেই মুখপোৰা মানুহটোৱে মাজু
বোৱাৰীৰ বাইদেউক তালাক দিবলৈ কিমান পৰ? কৈয়ে বিননিৰ জেৰ চলালে।
মাজু বোৱাৰীৰ ল'ৰাটোৱে প্ৰতিদিনৰ দৰে বিননি বন্ধ
কৰিবলৈ যায়- আইতা আইতা অ'! চুপ
থাক !
মাজু বোৱাৰীয়ে ল'ৰাটোক টানি-হেঁচুকি লৈ যায়। কয়- তোৰ
বাপেৰৰ কালৰ আইতা! মুখপোৰা ! এইদৰে কৈয়ে চৰ- থাপৰ মাৰিবলৈ ধৰে ৷
ল'ৰাটো ল'ৰালিৰে
পৰাই আইতাৰ আজ্ঞাৱহ । যিমানে মাৰ খায় সিমানে কয়- আইতা, আইতা অ', মোক মালি পেলালে ।
বৃদ্ধা বৌৱেকৰ হাতৰপৰা ল'ৰাটো কাঢ়ি নি মাজু বোৱাৰীৰ মাক-দেউতাক
গালি পাৰিবলৈ ধৰে ! তাৰ পাছত আঁচলেৰে ল'ৰাটোৰ চকু-পানী মচি দি কয়-চা’চোন ডাঙৰ বৌ, ছোভান
দেখিবলৈ ঠিক এনেকুৱাই আছিল, ল'ৰালিত ঠিক এনেকৈ ওঁঠ ফুলাই কান্দিছিল !
ঠিক তেনেকুৱাই শব্দ।
ডাঙৰ বোৱাৰীয়ে কয়- এওঁৰ কপালৰ এইখিনি
কিন্তু ডাঙৰ খুড়াৰ দৰে, নহয়
নে মাজু বৌ?
মাজু বোৱাৰীয়ে কথা নয়। পিৰালিত বহি
অন্যমনস্কভাবে ভৰি দোলায় আৰু চেপা সুৰত গীত গায় ৷
সৰু বোৱাৰী সিকাতি হৈ কাহি থাকে। ধাৰণা
হয়, তাইৰ প্ৰাণ
ডিঙিত আহি আটকি আছে। কবৰ দিয়াৰ কাৰণে বাঁহ কটাৰ শব্দ যেনেকৈ কৰুণ শুনা যায়, তেনেকুৱা তাইৰ কাহৰ শব্দ ।
তাইৰ কাষৰ শিশুটোৱে আৰু কান্দিব নোৱাৰে, মাথোন ধৰফৰাই থাকে। যেন মৃত্যুৰ ডেউকাৰ
শব্দ ।
ইয়াৰ মাজতে হঠাৎ এদিন এপাল ল'ৰা-ছোৱালী চিয়ঁৰি চিৱঁৰি ঘৰলৈ আহি ক'লে- শুনাচোন, তোমালোকৰ ঘৰলৈ পাদ্রী চাহাব আৰু মেম
আহি আছে! ঘৰৰ আটায়ে সন্ত্ৰস্ত হৈ উঠিল! সঁচাকৈয়ে এজন পাদ্রী চাহাব, লগত এজনী নাৰ্চ লৈ ঘৰৰ ভিতৰলৈ সোমাই
আহিল। প্যাঁকালৰ মাক হতভম্ব হৈ চাই থাকিল চাহাবৰ মুখৰ ফালে ৷
চাহাব বাংলা ভালদৰেই ক'ব জানে। ক’লে- টোমালোকে ভয় নকৰিবা ৷ হামি
টোমালোকৰ কষ্টৰ কথা শুনি আহিছে। টোমালোকৰ ৰোগী আছে নেকি? টাইক ঔষড ডিবে।
প্যাঁকালৰ মাক প্ৰথমতে অলপ অসুবিধাতে
পৰিল। পাছত সেমেনা-সেমেনি
কৰি ক'লে- আল্লাই
তোমাৰ ভাল কৰিব চাহাব। সৌৱা আমাৰ বোৱাৰী আৰু তাইৰ শিশুটো শুই আছে। চোৱা যদি ভাল
কৰিব পাৰা। নিকিনা গোলাম হৈ থাকিম তেনেহ'লে ৷
চাহাব আনন্দিত হৈ ক'লে- কোনো চিণ্টা নাই। যীশু বাল কৰি
ডিবে। যীশুক প্রাঠনা কৰা। তাৰ পাছত আগবাঢ়ি আহি মাটিত বহি শিশুটোক পৰীক্ষা কৰিবলৈ
ধৰিলে। চাহাব এজন ভাল ডাক্তাৰ ।
নাৰ্চক ইংৰাজীত কিবা ইংগিত কৰি চাহাব
বাহিৰলৈ ওলাই আহি ৰাস্তাত থিয় হ'ল।
মুখ তেওঁৰ বিষণ্ন গম্ভীৰ।
নাৰ্চে সৰু বোৱাৰীক পৰীক্ষা কৰিবলৈ
ধৰিলে। নাৰ্চৰ পৰীক্ষা হৈ যোৱাৰ পাছত দুজনে বাহিৰত থিয় হৈ কিবা-কিবি আলোচনা কৰিলে
৷ তাৰ পাছত প্যাঁকালেৰ মাকক মাতি আনি কিছুমান ঔষধ দি খুওৱাৰ সময় ইত্যাদি সম্বন্ধে
উপদেশ দি গুচি গ'ল।
কৈ গ'ল, আকৌ আবেলি আহি চাই যাব ৷
প্যাঁকালৰ মাক আনন্দত কান্দি পেলালে। ক'লে- চেঙেৰীৰ কপাল ভাল, মাজু বৌ, ইমান ঔষধ খাই তাই আৰু মৰিব নেকি? এয়া চোৱা, ইমান
ঔষধ দিছে।
মাজু বোৱাৰীয়ে ক'লে- মেম চাহাব যোৱাৰ সময়ত এই এটা টকা
দি গৈছে সৰু বৌৰ পথ্য কিনাৰ কাৰণে,
কৈছে বেদানাৰ ৰস খুৱাবলৈ ৷ কওঁতে কওঁতে তাইৰ চকুৰ পৰা টপ্ টপ্ কৰি
লোতক নিগৰিবলৈ ধৰিলে। মাজু বোৱাৰীয়ে কান্দিবলৈ ধৰিলে, কপালত ইমান দুঃখও আছিল আল্লাহ। সৰু বৌ
যোৱাৰ সময়তো ঘৰৰ পইচাত কিনি দুটা আঙুৰ বা বেদানা দিব নোৱাৰিলো ৷ শুকাই মৰিলেও
কোনেও নুসুধে আহি। জাৰু মাৰ নিজৰ জাতৰ মুখত, জ্ঞাতি-কুটুমৰ মুখত ! স্বেচ্ছায় আটায়ে খ্ৰীষ্টান হৈ গৈ আছে নেকি!
শাহুৱেকে কান্দি ক’লে- ঠিকে কৈছা, আই।*
দহ
সিদিনা দেওবাৰ । ছুটি। প্যাঁকালে
দুইমান বজাত গা ধুবলৈ ওলাল।
ওলোৱাৰ আগতে তেল শূন্য বটলটো উবুৰিয়াই
ধৰিলে হাতৰ ওপৰত। পাঁচ মিনিটত পাঁচ ফোটামান তেল পৰিল। তেল ঠিক নহয়, তেলৰ ময়লা। বটলটোৰ তলুৱাত দুই তিনিটা
থাপৰ মাৰিও যেতিয়া আৰু এফোটাৰ অধিক তেল নপৰিল, তেতিয়া সেয়া কোনোমতে হাতে-মুখে ঘঁহি ঘঁহি সি বাহিৰলৈ ওলাই আহিল ৷
সেই তেলখিনি সি মূৰত নঘঁহিলে, - নিজৰ মূৰটোক তৈলাক্ত ধাৰণা কৰিয়ে নে
আন কিবা কাৰণত- বিশ্ব-সংসাৰত তেলীৰ মূৰত তেল দিয়াৰ আটাইতকৈ ডাঙৰ মালিক যিজন তেৱোঁ
জানে।
গামোছা তাক ক’বপৰা নাযায়- এটি তৈলাক্ত ফটা কানি, সেয়াই সি মূৰত মেৰিয়াই ল'লে চৌখীন বাবুহঁতে ৰুমাল বন্ধাৰ দৰে ।
তাত তাৰ কপালৰ দুঃখখিনিৰ বাহিৰে মূৰৰ বাকী অংশ কোনোমতে ঢাক খালে!
সেই সৌভাগ্যৰ বিজয়ধ্বজা মূৰত বান্ধি
প্যাঁকালে গা ধুবলৈ ওলাল খ্ৰীষ্টান পাৰাৰ মাজেৰে। মোংলা পুখুৰীয়ে তাৰ ওচৰত হয়, কিন্তু কিয় যে সি ইমানখিনি ঘূৰি গোল
পুখুৰীত গা ধুবলৈ যায়, সেয়া
আৰু লুক-ঢাক নাই- সেই পুখুৰীত যিসকলে গা ধুবলৈ যায় সিহঁতৰ ওচৰত। প্ৰেমৰ বাট পোন
নহয় বুলিয়ে হয়তো পোন বাটত নাযায়।
মানুহে কয়, তাৰ মূৰৰ জয়ধ্বজা মধু ঘামীৰ অর্ধেক
ৰাজত্বৰ ওপৰত ভাগ বহোৱাৰ কাৰণে নহয়, তাৰ ৰাজকন্যা কুর্শিক জয় কৰাৰ কাৰণে। কিন্তু সেই জয়ধ্বজাৰ অসন্মানত
সি নিজেই ক্ষুব্ধ হৈ উঠে- যেতিয়া কুৰ্শিৰ সন্মুখতে সেই জয়ধ্বজাৰেই শৰীৰ ঘঁহিব
লগা হয়৷
গা ধুবলৈ গ'লে সি কুশিহঁতৰ ঘৰৰ আগেদিয়ে যায়।
আজিও গৈ আছিল। কিন্তু বাহিৰৰপৰা ঘৰত ডাং মৰা দেখি সি বহিল পৰিল- ৰাস্তাত নহয়-
ৰেতো কৰ্মকাৰৰ দোকানত ৷ ৰেতো তাৰ হাপৰ ঠেলি ঠেলি তাক এবাৰ তেৰেচীয়া চকুত চাই ল’লে। ধাৰণা হ’ল, লো পিটাৰ লগে লগে সি যেন হাঁহি গোপন কৰিছে। প্যাঁাঁকলে ৰেতোতকৈও অধিক
ঘামিবলৈ ধৰিলে, জুইৰপৰা
বহু আঁতৰত থাকিও৷
ৰেতো নেহাইৰ ওপৰত এটি জলন্ত লোৰ ফাল
ৰাখি প্যাঁকালেৰ ফালে চাই ক'লে-
দেখিছানে, জুই
লৈ খেলাৰ মজা ! হাতৰ কিমানখিনি পুৰি গৈছে, চা ! কৈয়ে হাতুৰীৰে প্ৰাণপণে লো পিটে আৰু হাঁহে। প্যাঁকালে কথাটো
বুজিব নোৱাৰি মুখ মেলি চাই থাকে।
ৰেতো ফলাটো আকৌ হাপৰৰ জুইত দি হাপৰ
ঠেলি ঠেলি ক’লে-
ছোৱালী মানুহ আৰু জুই - এই দুটা একেই বুজিলি, দুয়োটাতে হাত পোৰে ।
ইমান সময় কুৰ্ণি ক’ত থিয় দি আছিল, সেয়া তায়ে জানে; হঠাৎ তাইৰ কণ্ঠস্বৰ শুনা গ'ল, মুখও পোৰে, বুজিলি
মুখপোৰা ৷
প্যাঁকালে লৰালৰিকৈ উঠি পুখুৰীৰ ফালে
গুচি গ'ল। তেতিয়াও ৰেতোৰ
কণ্ঠস্বৰ শুনা গ’ল,- উঃ! প্যাঁকালেৰে ! তই অকনমান মোৰ
হাপৰটো ঠেলচোন, ভাই।
মই পানীত ডুব মাৰি অকণমান ঠাণ্ডা হৈ আহো!
কুর্শি সাজি-মাটি সিদ্ধ কিছুমান কাপোৰৰ
বোজা লৈ পুখুৰীৰ ফালে যাওঁতে যাওঁতে এবাৰ তেৰেচীয়া চাৱনিৰে অভ্যর্থনা কৰি গ'ল ৰেতোক। যোৱাৰ সময়ত কৈও গ'ল- নাযাবি মানুহটো, একেবাৰে ঠাণ্ডা হৈ যাবি। পানীত ডুবিলে
আৰু উঠিব নোৱাৰিবি ।
ৰেতো হয়তো তেতিয়া মনে মনে ক'লে, এই জুইৰ আঁচত মৰাতকৈ শীতল পানীত ডুবি মৰা ঢেৰ আৰাম ৷
ৰেতোৰ কিন্তু হাতেই পুৰিছে, কপাল পোৰা নাই। কুর্শি তাক দেখিব
নোৱাৰিলেও ঘিণ নকৰে৷
গোল পুখুৰীত বেলেগ যিসকলে গা-ধোৱে, সিহঁতৰ কোনেও এই অসময়ত গা-ধুবলৈ নাহে।
ফলত এই সময়খিনিয়ে সিহঁতৰ কাৰণে প্ৰশস্ত, যিসকলে মাথোন গা ধুবলৈ নাহে, প্রাণ জুৰাবলৈও আহে।
কুর্শিয়ে আহি দেখে, প্যাঁকালে তেতিয়া ঘাটৰ বটজোপাৰ শিকড়ৰ
ওপৰত বহি চিগাৰেট হুপিছে। প্যাঁকালে মাজে সময়ে থিয়েটাৰৰ বাবুহঁতৰপৰা দুই এটা
চিগাৰেট খুজি নি ৰাখি থয় আৰু সেইবোৰ কুৰ্শিৰ বাহিৰে আন কাৰো আগত নাখায় ৷ আজিও
গা-ধুবলৈ অহাৰ সময়ত কালি খুজি অনা চিগাৰেটটো কোঁচত গুজি আনিবলৈ পাহৰা নাছিল৷
কুর্শি প্যাঁকালেৰ ফালে নোচোৱাকৈয়ে
ধুপুচ্ কৰি ঘাটত কাপোৰৰ দ’ম
আৰু পীৰাটো পেলাই ধুনীয়া কৰি কঁকালত কাপোৰৰ আঁচল মেৰিয়াই ল'লে। তাৰ পাছত কাৰো ফালে নোচোৱাকৈ জোৰে
জোৰেই ক'বলৈ ধৰিলে- ঘাটৰ
মৰা ! ৰোজ ৰোজ মোৰ পাছত লাগে! দিম এদিনাখন মুখত বাহী চৌকাৰ ছাই ঢালি, তেতিয়া বুজিবি মজাটো!
প্যাঁকালে আৰু মনে মনে থাকিব নোৱাৰিলে।
এই উত্তৰীয়া বতাহ তাৰ ফালে নহয়,
ৰেতোৰ ফালে বৈছে, সেয়া
সি বুজিব নোৱাৰিলে । সি তৎক্ষণাৎ নামি আহি কাষৰ ঘাটৰ পচা খেজুৰৰ গুড়িত বহি এটা
খোলাকটিলৈ ভৰিৰ মৰা ছাল ঘঁহি ঘঁহি ক’লে- তই আজি খং কৰিছ নেকি, কুশি? দেখিয়েতো
আছ, চালাহঁতে কেনেকৈ
চকু লগাবলৈ আৰম্ভ কৰিছে!
কুর্শী এইবাৰ অলপ কাপোৰ তিয়াই লৈ
কাচাৰ কাৰণে থিয় হৈ ক’লে-
মোৰ কিডাল ক্ষতি হ’ল!
এতিয়া তোৰ কুৰ্শীক নহ'লেও
চলিব। তোৰ সৌ মাজু বৌতো মোৰ দৰে ক'লা
নহয় ৷ ক'লা নহ'লেও তাই ল'ৰাৰ মাক ৷
এইবাৰ প্যাঁকালে বতাহৰ অকনমান দিশ
নিৰ্ণয় কৰিব পাৰিলে। সি ভৰি ঘঁহিবলৈ এৰি লৰালৰিকৈ কৈ উঠিল- আল্লাহৰ শপত, কুৰ্শি, খোদাৰ কচম, মই
তাইক নিকা নকৰোঁ। আয়ে মোক কৈছিল,
আইক মই ভালদৰে শুনাই দিছো এই বিষয়ে। মই কৈছো, এই চালাৰ গোঁৱাৰিতেই নাথাকো ।
ৰাণাঘাটলৈ গুচি যাম কাম কৰিবলৈ ৷
কুৰ্শিৰ হাতৰ কাপোৰ পানীত পৰি গ'ল । তাই মুখ ম্লান কৰি ক'লে- সঁচাকৈয়ে গুচি যাবি নেকি?
ঔষধে কাম দিছে বুলি প্যাঁকালে কৈ উঠিল-
যামেইতো ! নহ'লে
যদি মাজু বৌৰ লগত নিকা দি দিয়ে ধৰি-বান্ধি ৷
কুর্শিয়ে কাপোৰখন তুলি বহু সময় ধৰি
কাচে। প্যাঁকালে তাইৰ কাপোৰ কাচাৰ বিচিত্ৰ গতি-ভংগী নয়ন ভৰি উপভোগ কৰে । তাৰ চকুত
ভোক আৰু মোহ নিচাৰ দৰে জমা হ'বলৈ
ধৰে। বুকুৰ স্পন্দন দ্ৰুতৰপৰা দ্ৰুততৰ হ'বলৈ ধৰে ৷ তাৰ যেন নিজকে নিজৰ ভয় লাগে । অকাৰণে পুখুৰীৰ চাৰিওফালে
ভীত-এস্ত দৃষ্টিৰে দেখে- সি যেন কিবা চুৰি কৰিছে ৷ মূৰত তাৰ খুন চৰি যায়। সি উঠি
গৈ কুৰ্শিৰ হাত চেপি ধৰে। ভৰি তাৰ ঠক্ঠক্ কৰি কঁপিবলৈ ধৰে। চকুত কিহবাৰ শিখা লক্লক্
কৰি উঠে। সি শুষ্ক কণ্ঠত মাতে- কুর্শি !
কুর্শিয়ে হাতখন এৰুৱাই নি ক’লে- এতিয়াই কোনোবাই দেখি পেলাব। অকনো
হুঁচ নাই! আগতে ক’, তই
ৰাণাঘাটলৈ গুচি নাযাবি।
প্যাঁকালে সাহস গোটাই ক'লে- এয়া চা, মছজিদৰ ফালে মুখ কৰি কৈছো, আল্লাহৰ শপত, মই ক'লৈকো নাযাও তই নক’লে।
কুর্শি উৎফুল্লিত হৈ ক’লে- উহু, মোৰ গা চুই ক’।
প্যাঁকালে গা চুই ক’লে- মছজিদতকৈও তই ডাঙৰ হ'লি নেকি?
কুর্শিয়ে খুব মিঠাকৈ হাঁহে। কয়-হ’লোইতো। সেই হাঁহিত ৰজা-বাদচাহ বিক্ৰী
হৈ যায়। প্যাঁকালে স্থিৰেৰে থাকিব নোৱাৰি অতি ডাঙৰ দুঃসাহসৰ কাম কৰি পেলালে ।
কৰ্শি খুচি হয়, খঙো কৰে। মুখখন আঁতৰাই নি কয়- যা, ভাল নালাগে, কোনোবাই দেখি পেলাব এতিয়াই।
প্যাঁকালে জানে যিকোনো মানুহে যিকোনো
সময়ত দেখি পেলাব পাৰে। কিন্তু এই হাঁহি ! এই চকু ! এই ওঁঠ ! এই দেহৰ কম্পন।
দেখকচোন মানুহে ! প্যাঁকালে যেন মাতাল হৈ উঠে। হুঁচ নাথাকে৷
সি গা-ধুই ঘৰলৈ ওভতে। তাৰ সমগ্ৰ শৰীৰ
ৰাইজাই কৰে । যেন তাড়ি খাইছে। মূৰৰ দুকাষৰ শিৰা টিন্ টিন্ কৰে। বিশ্ব- সংসাৰ
অদৃশ্য হৈ যায় তাৰ দৃষ্টিপথৰ পৰা ৷ সি ভীত মিঠা কণ্ঠৰ আকুলতা শুনে আৰু শুনে, কোনোবাই দেখি পেলাব, দেখি পেলাব। তাইৰ তাকলৈ লাজ নাই, লাজ মাথোন দেখি পেলোৱা মানুহৰ বাবে।
সিহঁতৰ লাজ যেন সিহঁতৰ কাৰণে নহয়, বেলেগৰ কাৰণে।
সিহঁত দুজনে বাট বুলে- চিৰ তেজ-ৰঙা
বাটত। যি বাট ফৰহাদ-মজনু, লাইলী-শিৰী, গোলে-বকৌলী, মহাশ্বেতা- পুণ্ডৰীক্ষ, আৰু কিমান জনৰ বুকুৰ তেজেৰে ৰাঙলী হৈ
আছে। চিৰ-যৌৱনৰ চিৰ কণ্টকাকীর্ণ পথ। চিৰকালৰ ৰোমিও- জুলিয়েট, দুষ্মন্ত-শকুন্তলা যেন সিহঁত।*
এঘাৰ
শাহুৱেক কান্দে, ডাঙৰ বোৱাৰী হাহাকাৰ কৰে, ল'ৰা-ছোৱালীকেইটা প্ৰতিদিন সন্ধিয়া ৰাস্তালৈ গৈ থিয় দিয়ে । এনেকুৱা সন্ধিয়া
হওঁ হওঁ সময়ত সি আহিছিল এই শিশুসকলৰ কাৰণে কিবা নহয় কিবা এটা লৈ। কোনোবা দিনা
লেবেঞ্চুচ, কোনোবা
দিনা আকৌ বৰালি মাছ।
মাজু বোৱাৰীৰ উন্মনা ল'ৰাটো আকাশৰ ফালে এক দৃষ্টিৰে চাই থাকে। তাৰ পাছত আপোন
মনেই কয়- তুমি একো আনিব নালাগে, সৰু খুড়া, তুমি
এনেয়ে আহা। মাকক কয়- বাৰু মা,
সৰু খুড়া বাজান (দেউতা)ৰ ওচৰলৈ গৈছে নেকি? তাৰপৰা আৰু তেওঁক এৰি নিদিয়ে নেকি?
মাকে শিশুক বুকুত সাৱটি ধৰি কয়-
বালাই! ষাঁঠ! তালৈ যাব কিয়? ৰাণাঘাটলৈ
গুচি গৈছে টকা ৰোজগাৰ কৰিবলৈ ।
শিশু নাথামে। কয়- ৰাণাঘাটত বাজান য'ত থাকে তাতে নেকি? নে তাতকৈও দূৰত? হয়নে মা?
মাকে শিশুক ধূলিত খেলিবলৈ এৰি দি উঠি
যায় ।
মছজিদত সন্ধিয়াৰ আজানৰ শব্দ বিলাপৰ
দৰে কাণত বাজে। আজানে যেন সর্বদা স্মৰণ কৰাই দিয়ে- বেলা শেষ হৈ আহিল, আৰু সময় নাই! বাটৰ- মঞ্জিলৰ যাত্ৰী
শংকিত হৈ উঠে।
সন্ধিয়াৰ নামাজ- যেন মৃত দিৱসৰ জানাজা
সন্মুখত ৰাখি তাৰ আত্মাৰ শেষ কল্যাণ-কামনা!
মাজু বোৱাৰী বলিয়াৰ দৰে দৌৰি যায়
মছজিদৰ জখলাৰ ওপৰলৈ- চিজদাহতো নহয়- উবুৰি খাই পৰি মূৰ ঠুকি থাকে । চকু-পানীত
জখলাৰ ধূলি পঙ্কিল হৈ উঠে- তাইৰ কপালত তাৰে ছাপ আঁকি দিয়ে৷
কি প্ৰাৰ্থনা কৰে তাইহে জানে। ভিতৰৰপৰা
মৌলবী চাহাবৰ তকবীৰ ধ্বনি ভাহি আহে। আল্লাহো আকবৰ! মাজু বোৱাৰী জখলাত মূৰ বিন্যস্ত
কৰি কয়- আল্লাহো আকবৰ। কান্দোনৰ সুৰ কণ্ঠৰ ওচৰত অৱৰোধ হৈ যায় ।
তাৰ পাছত ঘৰলৈ আহি সকলো ল'ৰা-ছোৱালীক চুমা খায়, আদৰ কৰে- অভিভূতৰ দৰে। নিবিড়
সান্ত্বনাত বুকু ভৰি উঠে। মনে মনে কয়, এইবাৰ আল্লাহ মুখ তুলি চাব ৷
শাহুৱেকক মাতি কয়- মা, মই কাইলৈৰপৰা নামাজ পঢ়িম।
শাহুৱেক আনন্দিত হৈ ক’লে-লক্ষ্মী আই মোৰ, পঢ়িবি নে? বেলেগ কোনো নহয়, আই, মাথো তই খোদাৰ ওচৰত হাত পাতি বিচাৰিলে, খোদা আমাৰ দুখ দূৰ কৰিব- আমাৰ প্যাঁকালে ঘূৰি আহিব। ক'তা, ইমান দিনতো নামাজ পঢ়িলো, ইমান মাতিলো, তেওঁ
শুনিল ক’ত, আই! কিন্তু তই মাতিলে শুনিব।
মাজু বোৱাৰী আনন্দিত হৈ গীত জুৰিলে-
অস্ফুট সুৰত ৷
শাহুৱেক ক্ষুণ্ণ হৈ ক’লে- আই, তই গীত গাবলৈ এৰচোন! গীত গালে আল্লাহ বেজাৰ হয়। গীত গালে গুনাহ
(পাপ) হয়, শুনা
নাই জানো, সিদিনা
মৌলবী চাহাবৰ মুখৰপৰা ?
মাজু বোৱাৰীয়ে হাঁহি মাৰি কয়- কিন্তু
মই যে তাতে আনন্দিত হওঁ, মা।
মই আনন্দিত হ'লে
জানো তেওঁ আনন্দিত নহয়? বাৰু
মা, তুমি মৌলবী
চাহাবক সুধিবাচোন, গীত
গাই তেওঁক মাতিলে, তেওঁৰ
ওচৰত কান্দিলে তেওঁ সেইবোৰ নুশুনে নেকি?
ডাঙৰ বোৱাৰীয়ে গম্ভীৰ হৈ ক’লে- কোৰআন পঢ়ি নামাতিলে আল্লাহই জানো
শুনে, মাজু বৌ?
মাজু বোৱাৰী হাঁহে। তাৰ পাছত আপোন মনে
আকৌ গুগুন্ কৰি গীত গাবলৈ আৰম্ভ কৰে ৷
প্যাঁকালে যিদিনা কাকো একো নুকোৱাকৈ
গভীৰ নিশা গুচি যায়- সিদিনা আবেলিলৈকে সি নিজেও নাজানিছিল যে সি গুচি যাব ।
সন্ধিয়া সি উভতি আছিল কামৰপৰা ৷ ওৰেটো
দিনৰ ক্লান্ত চৰণে কেতিয়া যে তাক কুশিহঁতৰ ঘৰৰ সন্মুখলৈ আনিছিল, সেয়া সি নিজেই বুজিবপৰা নাছিল। হঠাৎ
কাৰোবাৰ কণ্ঠস্বৰ শুনি সি সচকিত হৈ দেখিলে বেৰৰ সিফালে কুশি, ইফালে ৰেতো কৰ্মকাৰ। সি মনে মনে আহি
থিয় হ’ল কাষৰ
আমগছজোপাৰ আঁৰ লৈ। ৰেতোৰ কিবা এটা কথাৰ উত্তৰত কুর্শি কঁহুৱাৰ এটা কচি ফুল চিঙি
ৰেতোৰ গালৈ বুলি দলিয়াই দিলে, ৰেতোও
হাঁহি মাৰি এটা পান দলিয়াই দিলে কুৰ্শিৰ বুকু লক্ষ্য কৰি। ৰেতোৰ হাত-যশ আছে।
পানটো গৈ কুৰ্শিৰ বুকুতে লাগিল। কুর্শি নিমিষতে সেইটো থাপ মাৰি ধৰি মুখত ভৰালে।
কিন্তু ইয়াৰ মাজতে চকুৰ পলকত কিবা এটা
বিপর্যয় ঘটি গ'ল।
হঠাৎ ক'ৰবাৰপৰা কৰ্ণি আহি লাগিল কুৰ্শিৰ বাও কাণৰ ওপৰত, ঠিক কপালৰ কাষত। কুর্শি আই অ' বুলি চিঞৰি মাটিত বহি পৰিল। লগে লগে
ক্ষতস্থানৰ পৰা তেজ নিগৰিবলৈ ধৰিলে।
ইয়াৰ পাছত ৰেতোৰ আৰু কোনো সন্ধান পোৱা
নগ'ল ৷
কুর্শি তেতিয়া অজ্ঞান হৈ পৰিছে।
প্যাঁকালে কুর্শিক দাংকোলা কৰি- যেনেকৈ বৰ তাৰ নৱবৰ্ধক বাহী বিয়াৰ দিনা এটা ঘৰৰপৰা
আনটো ঘৰলৈ লৈ যায় ঠিক তেনেকৈ- বুকুত সাৱটি ধৰি সিহঁতৰ বাৰাণ্ডালৈ লৈ আহিল। ঘৰৰ
আটায়ে তেতিয়া ক'ৰবালৈ
যেন ওলাই গৈছে।
বহু সময় শুশ্রূষাৰ পাছত কুর্শি চকু
মেলি চালে। চায়ে প্যাঁকলেক দেখি আকৌ চকু মুদি দীর্ঘনিশ্বাস এৰি ক'লে- আই অ’!
প্যাঁকালে তাৰ কোলাৰপৰা কুৰ্শিৰ মূৰটো
গাৰুৰ ওপৰত নমাই থৈ লাহে লাহে থিয় হৈ ক’লে- তোৰ দেউতাৰক ক’বি, মই মাৰিছো তোক ! কৈয়ে ওলাই গ'ল- কুৰ্শিৰ ক্ষীণ কণ্ঠস্বৰ তাৰ পশ্চাতত
ক্ষীণৰপৰা ক্ষীণতৰ হৈ বতাহত মিলি গ'ল।
পাছদিনা টোপনিৰ পৰা উঠিয়ে কুৰ্ণি
শুনিলে, প্যাঁকালে গুচি
গৈছে- সিহঁতৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। শুনিয়ে তাই আকৌ মূৰ্চ্ছিতা হৈ পৰিল ৷
কত কেনেকৈ কি হ'ল হাজাৰ চেষ্টা কৰিও কুৰ্শিৰ
মাক-বাপেকে জানিব নোৱাাৰিলে। কুর্শি একোকে নকয়, মাথোন কান্দে আৰু মূৰ্চ্ছা যায়। কিন্তু আৰোগ্য হ’বলৈ তাইৰ বৰ বেছি দিন নালাগিল ।
মূৰৰ আঘাত তাইৰ যিমান শুকাবলৈ ধৰিলে, সিমানেই তাইৰ ধাৰণা হ'বলৈ ধৰিলে, যেন সেই কৰ্ণিৰ আঘাত তাইৰ বুকুত আহি
বাজিছে। তাই নিতৌ দিন গুণে আৰু ভাবে, আজি সি আহিবই। তাইৰ গা চুই শপত খালে যে দুদিন আগত ৷ খঙৰ ভমকত সি গুচি
গৈছে যদিও উভতিবলৈ পলম নহ'ব।
এই অহংকাৰ তাইৰ আছে। আৰু ৰেতোৰ কথা?
এনেকুৱা বাজে ধেমালি ডেকা বয়সৰ ল'ৰা-ছোৱালীৰ দেখা-শুনা হ'লেই হয়। আই-ঐ-দেহি ! সেই মানুহটোক যেন তাই ভালপাবলৈ গৈছে!
তাৰ পাছতে লুটি খাই কান্দে ! কয়- আহ, তই উভতি আহ! তোৰ শপত খাই কৈছো, তাৰ লগত দুটামান ইয়ার্কি কৰাৰ বাহিৰে
বেলেগ কোনো সম্বন্ধ নাই মোৰ। তাক মই অকণো ভাল নাপাও । আৰু যে কত কি ! ল'ৰা মানুহৰ দৰে যি মুখত আহে তাকে কৈ
যায় আৰু বিনায়।
কিন্তু এনেকৈ বেছি দিন পাৰ নহয়। ফুল
ফুলে, শুকায়, সৰি পৰে। হৃদয়ো ফুটে, শুকায়, তাৰ পাছত দলিত হয় তাৰে ভৰিৰ তলত - যাক তাই কোনোদিন কামনা কৰা নাই।
এমাহ- দুমাহ তিনি মাহ পাৰ হয়, প্যাঁকালে আৰু নাহে। অৱশ্যে খবৰ পোৱা
গৈছে যে, সি কলিকতাত কাম
কৰিছে। ৰাজমিস্ত্ৰীৰ কাম । দুবাৰ টকাও পঠাইছে ঘৰলৈ।
কুর্শি এদিন উত্ৰাৱল হৈ প্যাঁকালেৰ
ডাঙৰ বৌক সুধিলে- সি কেতিয়া আহিব আৰু চিঠিপত্র দিয়ে নে নিদিয়ে।
ডাঙৰ বোৱাৰীয়ে মুখ বেঁকা কৰি ক'লে- কোনে জানে কেতিয়া আহিব! কিন্তু
এটা খবৰ জনা গ'ল
যে, চিঠিপত্র মাজে
মাজে পঠায় ঘৰলৈ।
কুর্শি আৰু শুনিব নোৱাৰিলে, মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে ।
কিন্তু কিহৰ কাৰণে তাইৰ ইমান ক্ষোভ, সেয়া তাই নিজেই নুবুজে৷ মাথোন অসহায়ৰ
দৰে ছট্ফট্ কৰি থাকে। চিঠি সি কেনেকৈ দিব তাইক, তাই নিজেই ভাবি স্থিৰ কৰিব নোৱাৰে। তথাপি প্রতিদিন ভাবে, বোধহয় তাইৰ নামত আজিয়ে চিঠি আহিব।
খ্ৰীষ্টান ছোৱালী তাই, মোটা-মুটি
লেখা-পঢ়া জানে, নিজ
হাতেৰে চিঠিও কোনোমতে লেখিব পাৰে। মাজে সময়ে কাগজ-কলম লৈ বহেও লেখিবলৈ। কিন্তু
লেখিয়ে তাইৰ সমগ্ৰ মুখমণ্ডল লাজত ৰঙা হৈ উঠে, মনটো যেন ব্যথিত হৈ উঠে নিবিড় অভিমানে ৷ লেখা কাগজ টুকুৰা-টুকুৰকৈ
চিঙি পেলাই দিয়ে! মাজে মাজে ভাবে,
খুব কঠিন হৈ থাকিলে হয়তো সি নহাকৈ থাকিব নোৱাৰিব। তাৰ পাছত দুদিন
তিনিদিন মন বেজাৰ কৰি থাকে, ৰাস্তাত
ফুৰে, গোল পুখুৰীত
গা-ধুবলৈ যায় মন বেজাৰ কৰিয়ে- তাত তিনি বাজি যায়, কোনো নাহে। প্যাঁকালেহঁতৰ ঘৰৰ আগেদি অহা-যোৱা কৰে, এতিয়া আৰু কোনেও ঘূৰিও নাচায় ৷ মাথোন
মাজু বোৱাৰীয়ে তাইক দেখা পালে ওঁঠ টিপি হাঁহে আৰু গীত গায় । কুৰ্শিৰ শৰীৰ মন যেন
ৰাই-জাই কৰে খঙত।
ইমান দিন তাই সহ্য কৰি আছিল ইয়াকে
ভাবি যে, হাজাৰ হওঁক, তায়েতো অপৰাধী। তেনেকৈ পৰপুৰুষৰ লগত
আলাপ কৰা দেখিলে কাৰনো খং নুঠিব ! ভাবোঁতেই জিভা কামুৰি লাজত যেন তাই মৰি যায়।
সিওতো পৰপুৰুষ! ৰেতো যেনেকুৱা সিও তো তেনেকুৱাই! বিয়া সিহঁতৰ হোৱা নাই, হ’বও নোৱাৰে। তথাপি মন তাইৰ ইমানেই অবুজ যে, তাই মাথোন কিবা-কিবি অসম্ভৱ দাবী কৰি
বহে তেওঁৰে ওপৰত- বাহিৰৰ ফালৰপৰা যাৰ ওপৰত কোনো দাবীয়ে তাই কৰিব নোৱাৰে।
কিন্তু যিমান ডাঙৰ অপৰাধে সি নকৰক কিয়, তাইৰে গা স্পৰ্শ কৰি সি শপত খাই কৈছিল
যে, তাইক নুকোৱাকৈ
সি ক’লৈকো নাযায় ।
তাই নহ'লে তাৰ একোৱে
নহয়, মছজিদৰ ফালে মুখ
কৰি শপত খাইছিল ! তাই ইমান ডাঙৰ কি অপৰাধ কৰিছে যে, প্যাঁকালে মছজিদৰো অপমান কৰিবলৈ সাহস কৰিলে সেই অপৰাধৰ জ্বালাত!
হৃদয় তাইৰ বেদনাত নিষ্ফল কান্দোনত
ফেনিল হৈ উঠে। যিমান হৃদয় জ্বালা কৰে, সিমান বুকু ব্যথা কৰে । তাই বোধহয় আৰু নোৱাৰে ! দেওবাৰে গীৰ্জালৈ গৈ
কাতৰ সুৰত প্ৰাৰ্থনা কৰে- যীশু,
তুমি মোক খুব ডাঙৰ এটি অসুখ দিয়া, যেন শুনিয়ে লৰি আহিবলৈ ৰাস্তা নোপোৱা হয় সি।
তাই দিনে দিনে শুকাই যাবলৈ ধৰিলে, কিন্তু ডাঙৰ কোনো অসুখ নহ'ল। প্যাঁকালে নাহিল।
কুর্শি এইবাৰ যেন অস্থিৰ হৈ উঠিল।
এইবাৰ তাই যিয়ে হওঁক কিবা এটা কৰিব। এইবাৰ তাই দেখুৱাই দিব যে, খ্ৰীষ্টান হ'লেও তাই মানুহ। তাইক চুই শপত খাই সেই শপতৰ অপমান কৰিলে, তাকো তাই অপমান কৰিব জানে।
তাই ইচ্ছা কৰিয়ে ৰেতো কৰ্মকাৰৰ দোকানৰ
আগেদি অলপ বেছিকৈ অহা-যোৱা কৰিবলৈ ধৰিলে। সেই দুৰ্ঘটনাৰ পাছৰপৰা ৰেতো কিন্তু
অতিমাত্ৰা কামৰ মানুহ হৈ উঠিছে। এতিয়া দিনে-নিশা দোকানত বহি লো পিটে আৰু হাপৰ ঠেলে।
কুর্শিক দেখিলে যেন সি ইমানখিনি হৈ যায় - লাজ, ভয়ত। কিহৰ ইমান লাজ,
ইমান ভয়! ছোৱালী মানুহক যে সি খুব ভালদৰে বুজে, সেয়াও নহয় । কিবা যেন মস্ত ডাঙৰ এটা
অপৰাধৰ বোজাই বলপূর্বক তাৰ মূৰটো দোঁ খুৱাই দিয়ে । কুৰ্শিতাৰ কাষেদি খোজ কাঢ়ে, আৰু তেতিয়াই সি প্রাণপণে জোৰে জোৰে
হাপৰ ঠেলে। যেন সমগ্ৰ বিশ্বখনক সিয়ে পৰিচালনা কৰিছে। সমগ্র শক্তি প্ৰয়োগ কৰি
জলন্ত লোটোক নেহাইৰ ওপৰত ৰাখি পিটিবলৈ ধৰে। জুইৰ ফিৰিঙতিত তাৰ মুখ আৰু দেখা
নাযায়।
সিদিনা হঠাৎ কুর্শি তাৰ একেবাৰে চকুৰ
আগত আহি পৰিল। তাই কিন্তু হাঁহি মাৰি ক'লে- আঃ মৰ ডেকেৰা! যেন চিনিয়ে নাপায় মোক ! তোৰ কি হ’ল ক’চোন ?
ৰেতোই ঘামি উঠি ভীত চকুৰ দৃষ্টিৰে
চাৰিওফালে চালে, তাৰ
পাছত লাহে লাহে ক'লে-নাই
নাই ভাই, আজি আৰু কাম নাই
। সিদিনাৰ কথা মনত পৰিলে মোৰ বুকু আজিও দুৰুদুৰু কৰি উঠে..... চালা ডকাইত ....সি
আকৌ আহিব কেতিয়া ?
কুর্শিয়ে তাচ্ছিল্যৰ হাঁহি মাৰি ক'লে- সি আৰু নাহে। আহিলে গম পোৱাই দিম
মজাটো এইবাৰ ৷
ৰেতোই কিন্তু কথা বিচাৰি নাপায়।
সেমেনা-সেমেনি কৰি ক'লে-
মই ইচ্ছা কৰিলে চালাক সিদিনাই গুৰিয়াই দিব পাৰিলোহেঁতেন, মাথোন তোৰ কাৰণে দিয়া নাই ।
কুর্শি হঠাৎ উত্তেজিত হৈ উঠিল। ক’লে- একেবাৰে সঁচা কথা কৈছ, তই তাক মাৰিব পাৰিবি নেকি এইবাৰ আহিলে ? সৌ কঁহুৱাৰ বেৰৰ কাষত- য'ত সি মোক কৰ্ণি নিক্ষেপ কৰিছিল, তাত তাক মাৰি শুৱাই দিব পাৰিবি? উত্তেজনাত তাইৰ মুখেৰে আৰু মাত নোলায়।
জোৰে জোৰে নিশ্বাস লৈ থাকে তাই।
তাইৰ আন্দোলিত বুকুৰ ফালে চাই ৰেতোৰ
তেজৰ গতি উত্তাল হৈ উঠে। সি হঠাৎ আহি কুৰ্শিৰ হাত চেপি ধৰে ৷ কয়- এয়া তোক চুই কৈ
থ’লো, কুর্শি তাক যদি তাতে মৰিয়াই শোৱাই
নিদিও, তেনেহ'লে মই বাপৰ বেটা নহয় ! এবাৰ আহিলেই হ’ল, চালা !
কুর্শি বলপূর্বক হাত এৰুৱাই নি ক'লে- মৰ্ হতভাগা ! তোৰ যে খুব স্পর্দ্ধা
দেখিছো! মোৰ হাতত ধৰা আহি! এবাৰ মাৰিয়ে চাবিচোন, পিঠিৰ ওপৰত লাঠিৰ কোব কিমান মিঠা লাগে ! তাই আৰু ক'ব নোৱাৰিলে; কান্দোনত তাইৰ বুকুখন যেন ভাঙি যাবলৈ !
তাৰ পাছত দৌৰি ঘৰলৈ আহি বিছনাত উবুৰি খাই পৰি কান্দিবলৈ ধৰিলে।
সন্ধিয়া নামি আহে- সিহঁতৰ গীৰ্জাৰ ক'লা পোচাক পৰিহিত পাদ্রীসকলৰ দৰে! *
বাৰ
এফালে মৃত্যু আৰু আনফালে ভোক। সৰু
বোৱাৰী আৰু তাইৰ শিশু সন্তানক বচাবপৰা নগ'ল। সিহঁতে শুশ্রূষা যি অলপ-অচৰপ কৰিছিল সেয়া মাথোন একমাত্র মাজু
বোৱাৰীয়ে আৰু ঔষধ দিছিল মেমচাহাবে- ৰোমান কেথলিক মিচনাৰিয়ে।
মাজু বোৱাৰীয়ে সৰু বোৱাৰীৰ ৰোগ-শিতানত
ওৰেটো নিশা জাগি বহি থাকে। কেৰাচিনৰ চাকি ধোঁয়া উদ্গীৰণ কৰি ক্লান্ত হৈ নুমাই
যায় ৷ অন্ধকাৰত বন্ধুৰ দৰে জাগি থাকে একমাত্র মাজু বোৱাৰী। শিলৰ মূৰ্ত্তিৰ দৰে
স্থিৰ হৈ প্ৰত্যক্ষ কৰে, কেনেকৈ
এজন মানুহ আন এজন অসহায় মানুহৰ চকুৰ আগত শেষ হৈ যায় ।
সৰু বোৱাৰী তাইৰ ললাটত মাজু বোৱাৰীৰ
তপ্ত হাতৰ স্পৰ্শত চকিত হৈ চকু মেলি চায়। কয়- আহিছা তুমি? তাৰ পাছত মূৰ শিতানত মাজু বোৱাৰীক দেখি
ক্ষীণ হাঁহি মাৰি কয়- মাজু বাইদেউ,
তুমি নেকি? তোমাৰ
সমগ্ৰ টোপনি মোৰ চকুত ঢালি দিছা নেকি?
মাজু বোৱাৰী হাওলি সৰু বোৱাৰীৰ চকুত
চুমা খায় । সৰু বোৱাৰীয়ে
মাজু বোৱাৰীৰ হাতখন বুকুৰ ওপৰলৈ টানি আনি কয়- মাজু বাইদেউ, তুমি কান্দিছা?- তাৰ পাছত গভীৰ নিশ্বাস এৰি কয়-
কান্দিছা মাজু বাইদেউ? মৰাৰ
সময়ত তথাপি অলপ চাই যাওঁ, এই
পোৰা-মুখীৰ কাৰণে কোনোবাই কান্দে। চোৱা মাজু বাইদেউ, তুমি মোৰ কাৰণে কান্দিছা, আৰু তাকে চাই মোৰ ইমান ভাল লাগিছে- সেয়া আৰু কি ক’ম। ইচ্ছা কৰিছে ঘৰৰ আটায়ে যদি মোৰ
ওচৰত বহি এনেকৈ কান্দিলহেঁতেন, মই
তেনেহ'লে হাঁহি হাঁহি
মৰিব পাৰিলোহেঁতেন । হয়তোবা বাচিও যাব পাৰোঁ। কিন্তু মাজু বাইদেউ, বাচিবলৈ ইচ্ছা নকৰে৷ এই শিশুটোৰ ভাবনা? এওঁৰ মায়াও ছেদ কৰিছো। কালি এওঁৰ
দেউতাৰক দেখিছো সপোনত, ক’লে- পোণাক নিবলৈ আহিছো। মই ক'লো- আৰু মোক? তেওঁ হাঁহি মাৰি ক'লে- তোক নহয়। মই কান্দি কান্দি ক’লো- যমেতো নিব, তুমি নিনিলেও।
মাজু বোৱাৰীয়ে কান্দোন-দীর্ণ কণ্ঠত ক’লে- মনে মনে থাকি টোপনি যাবলৈ যত্ন কৰ, তোৰ ভৰিত পৰো, সোণজনী।
সৰু বোৱাৰীয়ে মাজু বোৱাৰীৰ হাতখন গালৰ
তলত ৰাখি সিকাতি হৈ শুলে। ক'লে-
কাইলৈতো আৰু নাহোঁ কথা ক'বলৈ
! টোপনি যাম বুলিয়েতো কথা পাতি আছো। এনেকুৱা টোপনি যে, সৌ গোদা ডাঙালৈ নি থৈ আহিব তিনি গাড়ী
মাটি চেপা দি। যেন ভূত হৈয়ো আৰু উভতি আহিব নোৱাৰো !... চোৱা মাজু বাইদেউ, কাইলৈ তেওঁ যদি মাথো পোনাক নিবলৈ
আহিলেহেঁতেন তেনেহ'লে
জানো হাঁহিব পাৰিলহেঁতেন তেনেকৈ?
মোকো লৈ যাব, তেওঁ
চিৰদিন মোৰ লগত এনেকৈ দুষ্টালি কৰি কথা কৈছে..... তোমাৰ মনত আছেনে মাজু বাইদেউ, মৰাৰ আধা ঘণ্টা আগতেও মোক কেনেকৈ কৈছিল, মই কৈছিলো, কষ্ট হৈছে তোমাৰ? তেওঁ কৈছিল- মোৰ সন্মুখত তই যদি এতিয়া
মৰ, তেনেহ'লে মোৰ মৰিবলৈ ইমান কষ্ট নহয় !....
শিতানৰ প্ৰদীপ ঢিমিক-ঢামাককৈ জ্বলে ।
মাথোন মাজু বোৱাৰীৰ চকুভা লোতক আকাশৰ তৰাৰ দৰে চিকমিক্ কৰে, সৰু বৌ, তোৰ কিবা ইচ্ছা কৰিছে নেকি এতিয়া ?
সৰু বোৱাৰীয়ে ধীৰ শান্তকণ্ঠত ক'লে- নাই কোনো ইচ্ছা কৰা নাই। এতিয়া
আৰু একো পাবলৈ ইচ্ছা নকৰে, মাজু
বাইদেউ ! কালিলৈকো মোৰ ধাৰণা হৈছিল,
যদি সামান্য ভাল খাদ্য-পথ্য পালোহেঁতেন- তেনেহ'লে হয়তো জীয়াই থাকিব পাৰিলোহেঁতেন।
পোনাকণৰ মুখত তাৰ মাকৰ দু-ফোটা গাখীৰ দিব পাৰিলোহেঁতেন। আৰুতো খাব নোৱাৰে সোণটো
মোৰ ! কৈয়ে ল'ৰাটোৰ
গালত চুমা খালে।
এটি অন্ধকাৰ নিশা যেন ডাইনীৰ দৰে
সুহুৰি মাৰি ফুৰে। গছ-গছনি, ঘৰ-দুৱাৰ-
সকলো যেন থিয়ৈ থিয়ৈ কলমটিয়াই থাকে। তৰাবোৰক দেখি ধাৰণা হয় যেন সহস্ৰ হতভাগিনীৰ
শিতানত ঢিমিক-ঢামাক প্রদীপ।
ইয়াৰ মাজতে ঘৰৰ মাটিৰ বিছনাত শুই এজন
মানুহ নুমাই থাকে ৰিক্ত তৈল মৃৎ-প্ৰদীপৰ দৰে। এওঁৰ তেল শেষ হৈ গৈছে, শলিতাত জুই লাগিছে। সেইখিনিও ছাই হ’বলৈ আৰু পলম নাই।
সৰু বোৱাৰীয়ে মাজু বোৱাৰীৰ হাতখন
বুকুৰ বাঁওকাষে জোৰে হেঁচি ধৰি কয়- দেখিছা, মাজু বাইদেউ, বুকুখন
কেনেকৈ ধ কৰিছে। এটি চৰাইক ধৰি পিঞ্জৰাত ভৰালে সি যেনেকৈ ছট্ফট্ কৰে বাহিৰ হ'বলৈ, তেনেকুৱা নহয়নে ?
উঃ ! মোৰ উশাহ-নিশাহ যেন বন্ধ হৈ আহিছে! মাজু বাইদেউ ! বাহিৰত অকণো
বতাহ নাই নেকি?
মাজু বোৱাৰী জোৰে জোৰে বিচনীৰে বিচে।
সৰু বোৱাৰীয়ে বিচনীৰে সৈতে মাজু
বোৱাৰীৰ হাতখন ধৰি কয়- নালাগে,
নালাগে ! বিচনীৰ বতাহেৰে জানো কুলায় মাজু বাইদেউ ? সকলো সহিব পাৰিলোহেঁতেন তেওঁ যদি মোৰ
কাষত বহি থাকিলেহেঁতেন ! মোক আঁতৰি যোৱা দেখি তেওঁ খুব কান্দিলেহেঁতেন, তেওঁৰ চকু-পানীত মোৰ মুখখন উটি গ'লহেঁতেন। আৰু ক'ব নোৱাৰে। মাত বন্ধ হৈ যায়। মুখেৰে
উশাহ-নিশাহ লয়।
ল'ৰাটো কান্দি উঠে। মাজু বোৱাৰীয়ে কোলাত লৈ নিচুকায়, নিচুকণি গীত গায়- শিয়ালী এ নাহিবি
ৰাতি, তোৰে কাণ কাটি
জ্বলামে বাতি.....
ভোৰৰ ফালে সৰু বোৱাৰী ঢলি পৰিবলৈ ধৰিলে
মৰণৰ কোলাত। মাজু বোৱাৰীয়ে কাকো নজগালে। সৰু বোৱাৰীৰ কাণৰ গুৰিলৈ মুখ নি কান্দি
কান্দি ক’লে- সৰু! ভনী
মোৰ! তই অকলেই যা মনে মনে। যোৱাৰ সময়ত আৰু মিছামিছি কন্দা-কটাৰ দুঃখ লৈ যাব
নালাগে !
সৰু বোৱাৰীয়ে শুনিবলৈ পালে নে নাপালে, সেয়া তাই জানে। তাই মাথোন অস্ফুট সুৰত
ক'লে-
পোনাক.....তুমি.....
মাজু বোৱাৰীয়ে সৰু বোৱাৰীৰ দুই উৰুৰ
মাজত চুমা খাই ক'লে-পোনাক
মই নিলো, সৰু, তই যা তোৰৰ বৰৰ ওচৰলৈ ৷ আৰু পাৰিলে মোক
মাতি নিবি!
মাজু বোৱাৰী আৰু থাকিব নোৱাৰিলে-
ফেঁকুৰি উঠিল ৷
বহু দূৰত মুয়াজ্জিনৰ কণ্ঠত ভোৰৰ
নামাজৰ আহ্বান শুনা গ'ল-আচ্ছালাতু
খাইৰুম মিনানাউম। হেৰা, জাগা, নিদ্ৰাতকৈ উপাসনা ঢেৰ ভাল ৷ জাগা !
মাজু বোৱাৰীয়ে দাঁত-মুখ কৰচি ক’লে- বহু মাতিছো আল্লাহ, আজি আৰু তোমাক নামাতো।
সৰু বোৱাৰীৰ মুখমণ্ডল কিবা এক অভিনৱ
আলোকোবাসত আলোকিত হৈ উঠিল ৷ তাই প্রাণপণ শক্তিৰে দু-হাত তুলি মূৰত স্পৰ্শ কৰিলে-
মোনাজাত কৰাৰ দৰে উর্দ্ধে তুলি ধৰিবলৈ গ'ল- কিন্তু তেতিয়াই ছিন্নলতাৰ দৰে পৰি গ'ল তাইৰ বুকুত।
মাজু বোৱাৰী মুগ্ধভাবে তাইৰ
মৃত্যু-পাণ্ডুৰ মুখৰ শেষ জ্যোতি প্ৰত্যক্ষ কৰিলে- তাৰ পাছত লাহে লাহে চকুৰ পতা
বন্ধ কৰি দিলে।
প্রভাতৰ ফুল দুপৰীয়াৰ আগতেই সৰি পৰিল
।
মাজু বোৱাৰী আৰু মনে মনে থাকিব
নোৱাৰিলে। উচ্চকণ্ঠত কান্দি উঠিল- আই অ’, তোমালোক উঠা, সৰু বৌ আৰু নাই.....
প্রভাতৰ আকাশ হাহাকাৰ কৰি উঠিল- নাই – নাই- নাই! *
তেৰ
সৰু বোৱাৰীৰ ল'ৰাটোকো বচাবপৰা নগ'ল। মাতৃহীন নীড়হাৰা বিহগ শিশু যিদৰে
বিশুষ্ক চষ্ণু মুখ মেলি ধৰফৰাই থাকে, তেনেকৈ ধৰফৰায়- মাতৃস্তন্য বঞ্চিত শিশু !
মাজু বোৱাৰীৰ দুচকুত শাৱণ নিশাৰ মেঘৰ
দৰে বাৰিধাৰা নামে। কয়- সৰু বৌ,
তই য'তেই
নাথাক কিয়, লৈ
যা তোৰ পোনাকণক! এই যন্ত্ৰণা আৰু চাব নোৱাৰি ৷
ল'ৰাটো অস্ফুট দীর্ণ কণ্ঠত কান্দি উঠে- মা !
মাজু বোৱাৰী চুমাৰে শিশুৰ মুখমণ্ডল
অভিষিক্ত কৰি দি কয়- এই যে সোণটো,
এই যে বাচা, এই
যে মই
ঘৰৰ তিৰোতাবিলাক আহি ভিৰ কৰি কান্দে।
পোৱালিক সাপে ধৰিলে বিহগ মাতা আৰু তাৰ স্বজাতীয় চৰাইৰ জাক যেনেকৈ অসহায়ৰ দৰে
চিঞৰে, ঠিক তেনেকৈ ।
সাপৰ মুখৰ মুমূর্ষু বিহগ শিশুৰ দৰেই
মাজু বোৱাৰীৰ কোলাত মৃত্যুমুখী ল'ৰাটো
ধৰ্ষৰ কৰে !
ভোৰ হোৱাৰ আগতেই সৰু বোৱাৰীৰ ল'ৰাটো তাইৰ কাষলৈ গুচি গ'ল । চৰোতৰ নিশা গোৰস্থানৰ মৃৎ-প্ৰদীপ
যেনেকৈ ক্ষণিকৰ কাৰণে ক্ষীণ আলোক বিকিৰণ কৰি নুমাই যায়, ঠিক তেনেকৈ।
দুপৰীয়ালৈকে এজনৰ পাছত এজনকৈ কান্দি
ঘৰখনক উত্যক্ত কৰি ৰাখে, তাৰ
পাছত গভীৰ টোপনিত লালকাল দিয়ে। শোকৰ ঘৰখনৰ ক্লান্ত প্রশান্তি- অতল গভীৰ
টোপনি নাহে মাথোন মাজু বোৱাৰীৰ । তাই ল'ৰা দুটাক বুকুত সাৱটি ধৰি দূৰ আকাশৰ
ফালে চাই থাকে। গ্ৰীষ্মৰ তামবৰণীয়া আকাশ, যেন কোনো সর্বগ্রাসী ৰাক্ষসৰ প্রলুব্ধ আঁখি। বাঁহগছবোৰ তন্দ্ৰাৱেশত
কলমটিয়াইছে। খালৰ কাষৰ গছৰ ছায়াত পাতি হাঁহবোৰ পিঠিত মুখ গুজি এক ভৰিত থিয় হৈ
কলমটিয়াইছে। এপাল মুগী আতা-কঁঠালৰ তলত পৰম নিশ্চিন্ত মনে টোপনি গৈছে।
অদূৰত বাবুহঁতৰ চৌখীন ঘৰৰ বিলাতী
তালগছবোৰ শাৰী শাৰীকৈ থিয় দি আছে। তাৰ সন্মুখত দীৰ্ঘ দেৱদাৰু গছ- যেন ইমামৰ পাছত
বহু কেইজন মানুহ শাৰী শাৰীকৈ থিয় দি নামাজ পঢ়িছে- সন্মুখৰ শুকান বাহিচাখনত
জানাজাৰ নামাজ ৷
এনেতে উত্তৰ দিশৰ আম বাগানৰ ছায়া-শীতল
বাটেৰে খ্ৰীষ্টান মিচনাৰিৰ মিচ জোন্স প্যাঁকালেহঁতৰ ঘৰত আহি হাজিৰ হ'ল। মিচ জোন্স সিহঁতৰ বিলাতত যুৱতী আৰু
আমাৰ দেশত ‘অৰ্দ্ধ
বয়সীয়া'। পঁয়ত্ৰিছ ছত্ৰিছৰ উচৰা-ওচৰি বয়স।
শ্বেতবসনা সুন্দৰী। এই তিৰোতাজনীয়ে সৰু বোৱাৰী আৰু তাইৰ ল'ৰাটোক ঔষধ-পথ্য খাবলৈ দি গৈছিল।
সৰু বোৱাৰী আৰু তাইৰ ল'ৰাটোক যে বচাবপৰা নাযাব সেয়া তাই
আগতেই জানিছিল আৰু মাজু বোৱাৰীক আঁৰলৈ মাতি নি কৈছিল । তথাপি তাইৰ যিমানখিনি সাধ্য, সিহঁতক বচাবলৈ চেষ্টা কৰিছে।
ৰাতিপুৱা আহি মাজু বোৱাৰীক এবাৰ
সান্ত্বনা দি গৈছে। এই সময়খিনি নিৰিবিলি বুলিয়ে হওঁক বা মাজু বোৱাৰীৰ স্বাভাৱিক
আকর্ষণী শক্তিৰ গুণতে হওঁক তাই পুনৰ আহি গল্প আৰম্ভ কৰিলে ৷
এই কেইদিনতে মাজু বোৱাৰীয়ে তাইক আৰু ‘মেম চাহাব' বুলি অতিৰিক্ত স-সংকোচ শ্ৰদ্ধাৰ ভাব
প্ৰদৰ্শন নকৰে। সিহঁতৰ সম্বন্ধ বন্ধুত্বত পৰিণত নহ'লেও ভালেখিনি সহজ হৈ আহিছে।
মিচ জোন্স বাংলা ক’ব জানিলেও চাহাবী সুৰটো এতিয়ালৈকে
পাহৰিবপৰা নাই। অৱশ্যে তাইৰ কথা বুজিবলৈ অতিৰিক্ত বেগ পাবলগা নহয় কোনেও।
23ইকথা সিকথাৰ পাছত মিচ জোন্স হঠাৎ কৈ
উঠিল- চোৱা, টোমাৰ
মট বুড্ডিমতী ছোৱালী লেখা-পঢ়া শিকিলে বহু কাম কৰিব পাৰে। টোমাক ডেখি বহু লোভ হয়
লেখা-পঢ়া শিকাবলৈ !
মাজু বোৱাৰী হঠাৎ মেমৰ মুখৰ কথা কাঢ়ি
নি কৈ উঠিল- সঁচা মিচ ! মোৰো খুউব চখ হয় লেখা-পঢ়া শিকিবলৈ ! শিকাবা মোক? মোৰ একো ভাল নালাগে ছাই এই ঘৰ-দুৱাৰ !
মিচ জোন্স আনন্দত মাজু বোৱাৰীৰ হাত
চেপি ধৰি ক'লে-
আজিয়ে ৰাজী । বৰ ডুঃখ পাইচা তুমি,
মনো খুউব খাৰাপ আছে টোমাৰ এটিয়া; এটিয়া লেখা-পঢ়া শিকিলে টোমাৰ মনে এইবোৰ পাহৰি ঠাকিব ৷
মাজু বোৱাৰীয়ে কি যেন ভাবিলে এখন্তেক
। তাৰ পাছত ম্লান মুখত কৈ উঠিল- মোৰ ল'ৰা-ছোৱালী কেইটা কি কৰিম ? মিচ জোন্স হাঁহি মাৰি ক'লে- আৰে, সিহঁতকো
লগট লৈ যাবা যোৱাৰ সময়ট। তাট সিহঁতেও লেখা-পঢ়া শিকিব, সিহঁতক মই বিস্কুট ডিব, খাদ্য ডিব, সিহঁত
আনন্দ মনেৰে ঠাকিব।
মাজু বোৱাৰী আকৌ যেন কিবা-কিবি ভাবিবলৈ
ধৰিলে। ভাবোঁতে ভাবোঁতে তাইৰ বেদনাম্লান আঁখি অশ্ৰু ভাৰাক্ৰান্ত হৈ উঠিল। এইখন ঘৰত
যেন তাইৰ নাড়ী পোতা আছে। দুটা ল'ৰা-ছোৱালীৰ
বন্ধন, সিহঁতো লগত যাব, আৰু তাই চিৰদিনৰ কাৰণেও যোৱা নাই-
তথাপি কিবা এক অহেতুক আশংকা বেদনাত তাইৰ প্ৰাণ টন্টন্ কৰিবলৈ ধৰিলে।
মিচ জোন্স সচতুৰা ইংৰাজ ছোৱালী। তাই কৈ
উঠিল- মই টোমাৰ মনৰ কঠা বুজিছে। টুমি একেবাৰে যাব নালাগে তাত । খ্রীষ্টান হ'ব নালাগে। টুমি মাথোন দিনৌ ৰাতিপুৱা
এবাৰকৈ যাবা। আকৌ ডুপুৰীয়া গুচি আহিবা ৷
মাজু বোৱাৰী স্বস্তিৰ নিশ্বাস পেলাই ক'লে- তেনেহ'লে মই যাব পাৰিম, মিচ। পাৰাত দুই এদিন অলপ গোলমাল হ’ব হয়তো ! অৱশ্যে সেয়া সহি উঠিব পাৰিম
দুই এদিনত ।
মাজু বোৱাৰীৰ ল'ৰা-ছোৱালী দুটা বিস্কুটৰ লোভত উচ্পিচ্
কৰি আছিল আৰু মনে মনে খঙো কৰি আছিল এই ভাবি যে, কিয় সিহঁতৰ মাক এতিয়াই যোৱা নাই মিচৰ লগত! কিন্তু মাকৰ শিক্ষাৰ
গুণত সিহঁতে মুখ ফুটাই এষাৰ কথাও নক’লে। ল'ৰাটোৱে
মাথোন এবাৰ তাৰ বহল চকু মেলি কৰুণ নয়নে ‘মিটৰ ফালে চায়ে চকু নমাই আনিলে লাজত৷
মিচ জোন্স ল'ৰাটোক কোলাত লৈ চুমা খাই তাইৰ
হাতবেগৰপৰা চাৰিটা পইচা উলিয়াই সিহঁত ভায়েক-ভনীয়েকৰ হাতত দুটাকৈ দি ক'লে- যোৱা, বিস্কুট কিনি খোৱাগৈ ।
ছোৱালীজনীয়ে পইচা হাতত লৈ মাকৰ মুখৰ
ফালে চাই যেন অনুমতি বিচাৰিলে । মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- যা, বিস্কুট কিনি খাগৈ যা।
মিচ জোন্স বহাৰপৰা উঠি ক'লে- আজি টেনেহ'লে আহোঁ। কাইলৈ তুমি ৰাতিপুৱাই যাবা
কিন্টু!
মাজু বোৱাৰী অন্যমনস্কভাবে মাথো মূৰ
জোকাৰি সন্মতি জনালে ।
সমস্ত আকাশ যেন তাইৰ চকুৰ আগত অস্পষ্ট
ধোঁৱা বৰণীয়া হৈ উঠিছে।
কাষৰ আমগছত দুটা কুলি যেন আড়ি কৰি
মাতিবলৈ আৰম্ভ কৰিছে- কুউ-কুউ-কুউ! সেই মাতত যেন সমগ্ৰ চবুৰি বিৰহ- বিধুৰা বধূৰ
দৰে আলস্যত নিতাল মাৰিছে।
মাজু বোৱাৰী মাটিত লুটি খাই পৰিল।
নিৰাশ্ৰয় নিৰাৱলম্বন ছিন্ন স্বর্ণহাৰ যিদৰে ধূলিত পৰি যায়, ঠিক তেনেকৈ।*
চৌধ্য
পাছদিনা ৰাতিপুৱা কোনোবা উঠাৰ আগতেই
মাজু বোৱাৰী তাইৰ ল'ৰা-ছোৱালীহাল
লৈ মিচ জোন্সৰ ওচৰলৈ গুচি গ'ল।
যোৱাৰ আগতে মাথোন ডাঙৰ বৌক মনে মনে কৈ আহিল, শাহু আই খুব উপদ্ৰৱ কৰিলে দেউতাৰ তালৈ গৈছো বুলি ক’বাহি। ডাঙৰ বৌৱেক ক্ষুণ্ণ হ'ল যদিও মনে মনে থাকিল। মাজু বোৱাৰীৰ
ইমান আতিশয্য তাইৰ ভাল লগা নাছিল। তথাপি তাই মাজু বোৱাৰীক কিছু বেছি ভাল পায়
বুলিয়ে একো নকৈ অভিমানত মৌন হৈ থাকিল ৷ কিমান ডাঙৰ দুখত পৰি মাজু বোৱাৰী আজি
মিচনাৰীসকলৰ ওচৰলৈ আঁতৰি গৈছে, সেয়াও
তাইৰ অজানা নাছিল। আঁচলৰে চকু-পানী মচি তাই বেৰৰ ফালে মুখ কৰি শুই থাকিল৷
কেইদিনমান আগৰপৰা তাইৰ শাহুৱেকেও ঠাকুৰ
পাৰাৰ চাব-ডেপুটি চাহাবৰ ঘৰত চাকৰি লৈছে, সেয়ে ৰাতিপুৱা উঠি তায়ো গুচি গ'ল, কাৰো
খা-খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰিলে। নহ'লে ৰাতিপুৱাই হয়তো কিবা এটা অঘটন ঘটি গ'লহেঁতেন !
পাৰাৰপৰা স্বল্প দূৰতেই মিচনাৰিসকলৰ
গীৰ্জাঘৰ। মাজু বোৱাৰী গীৰ্জাৰ দুৱাৰ মুখলৈ গৈ মনে মনে থিয় দি থাকিল। তেতিয়া
গীৰ্জাৰ ভিতৰত খ্ৰীষ্টৰ স্তৱ-গীত চলিছিল সমৱেত নাৰী কণ্ঠত। গীতৰ কথা তাই
বিন্দু-বিসর্গও বুজিবপৰা নাছিল,
তাইৰ ওচৰত অপূৰ্ব মিঠা লাগি আছিল সেই সুৰ আৰু এটা প্ৰকাণ্ড হলত প্ৰতিধ্বনিত
অৰ্গানৰ গম্ভীৰ মধুৰ শব্দ। তাইৰ মন শ্রদ্ধা আনন্দত ভৰি উঠিল।
হঠাৎ তাইৰ মনত পৰিল সিহঁতৰ কাষৰ মছজিদ
ঘৰৰ আজান-ধ্বনিৰ কথা। তাইৰ মন কিবা এক অব্যক্ত বেদনাত মাথোন আলোড়িত হ'বলৈ ধৰিলে। তাইৰ মনে যেন মাথোন শাসন
কৰিবলৈ ধৰিলে, তাই
পাপ কৰিছে- অতি ডাঙৰ অন্যায় কৰিছে,
ইয়াৰ ক্ষমা নাই, ইয়াৰ
ফল ভীষণ, তাই অনন্তকালৰ
কাৰণে অনুতাপ কৰিব লাগিব ৷
ভাবোঁতে ভাবোঁতে হঠাৎ কাৰোবাৰ স্পৰ্শত
চমকি উঠি দেখিলে, মিচ
জোন্স মধুৰ হাঁহিৰে মুখমণ্ডল উজ্জ্বল কৰি তাইৰ পিছফালে থিয় দি আছে। মাজু বোৱাৰীক
ইংগিতত পিছে পিছে আহিবলৈ কৈ মিচ জোন্স গীৰ্জাৰ কাষৰ এটি ঘৰৰ কোঠালিত সোমাই গ'ল। মাজু বোৱাৰী কোঠালিৰ বাহিৰত থিয় হৈ
থকা দেখি মিচ জোন্স ভিতৰৰপৰা মাতিলে- ভিতৰলৈ সোমাই আহা। মাজু বোৱাৰী সসংকোচে
ভিতৰলৈ সোমাই আহি দেখিলে, সন্মুখৰ
মেজত চা-বিস্কুট প্রভৃতি খোৱাবস্তু। মিচ জোন্স মাজু বোৱাৰীক তাইৰ বিছনাত জোৰ কৰি
বহুৱাই দি ক'লে-
সামান্য চাহ খোৱা মোৰ লগট, টাৰ
পাছত কঠা হ’ম।
মাজু বোৱাৰী কোনোমতেই ৰাজী নহয় খাবলৈ।
বহু কাবৌ-কোকালিৰ পাছত ক'লে-
মেম চাহাব, আমাৰ
জাত যায় তোমালোকৰ লগত খালে। মিচ জোন্স ধুপুচ্কৈ চকীত বহি ক’লে- অ’ গড! মইটো এয়া জনা নাছিলো। মুখ ম্লান কৰি তাই কি যেন ভাবিবলৈ ধৰিলে।
তাৰ পাছত ক'লে-
কিন্টু টোমালোকৰ মুছলমান ধৰ্মৰ বহু কথাই মই জানো, টাটে কাৰো লগত খোৱতটো নিষেড নাই ।
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- সেয়াতো মই নাজানো, আমাৰ মৌলবী চাহাব আৰু মোড়লেতো বহু
জৰিমনা বিহিছে খ্ৰীষ্টানসকলৰ স্পৰ্শিত বস্তু খোৱাৰ কাৰণে।
মেম চাহাব এইবাৰ একো নকৈ মাজু বোৱাৰীৰ
ল'ৰা-ছোৱালী দুটাক
কাষলৈ টানি আনি বিস্কুট হাতত দি ক'লে-
এওঁলোকক মই চাহ খোৱালে ডোষ নহ'বতো?
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে – হ’ব।
মেম চাহাবে এইবাৰ অলপ জোৰ দি ক'লে- নিশ্চয় নহ'ব। এওঁলোক এটিয়াও মুছলমান খ্রীষ্টান
একো নহয়৷ এওঁলোক শিশু।
মাজু বোৱাৰী মনে মনে থাকিল । তাই
তেতিয়া বেলেগ কথা ভাবি আছিল৷
ক্ষুধার্ত শিশুই বিস্কুট হাতত লৈ মাকৰ
মুখৰ ফালে চাই থাকিল। মাজু বোৱাৰীয়ে অস্ফুট কণ্ঠত ক’লে- খা।
ল'ৰা-ছোৱালীহালৰ বিস্কুট খোৱা হ'লত মিচ জোন্স নিজে চাহ খাই ক’লে-
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- নাম এটা আছিল হয়তো বিয়াৰ আগত।
সেয়া এতিয়া পাহৰি গৈছো৷ এতিয়া মই মাজু বোৱাৰী ।
মিচ জোন্সে হাঁহি মাৰি ক'লে- বাৰু মই টোমাক মজু বোৱাৰী বুলিয়ে
মাতিম। কৈয়ে মিচ জোন্স কিবা ভাবিলে বহু সময় ৷ তাৰ পাছত লাহে লাহে ক'লে-ডেখ মাজু বোৱাৰী, মই টোমাক ভাল পাইছো। কিয় টোমাক ইমান
ভাল লাগে নাজানো । মই টোমাক নিজৰ ‘ছিষ্টাৰ'ৰ দৰে লেখা-পঢ়া শিকাম।
মাজু বোৱাৰীৰ চকুত লোতক টলমল কৰি উঠিল।
প্রায় এঘাৰমান বজাত যেতিয়া তাই ল'ৰা-ছোৱালীহালৰ হাতত ধৰি ঘৰলৈ আহিল, তেতিয়া তাইৰ শাহুৱেকে শিলা- বৃষ্টি
মেঘৰ দৰে মুখ কৰি পাক ঘৰৰ সন্মুখত বহি বোধহয় মাজু বোৱাৰীৰ বাবেই প্রতীক্ষা কৰি
আছিল ৷
মাজু বোৱাৰীয়ে একো নকৈ পোনে পোনে ঘৰৰ
ভিতৰত প্ৰৱেশ কৰিলে। মাথোন ল'ৰাটো
দৌৰি আহি আইতাকৰ কোলাত উঠি ক’লে-
কোৱাচোন আইতা, ক’ত আছিলো ?
ভিতৰৰপৰা মাজু বোৱাৰী চিৎকাৰ কৰি উঠিল-
সোণটো, এই ফালে আহ! ল'ৰাটো ভয়ত মাকৰ ওচৰলৈ দৌৰি গ'ল ৷ শাহুৱেক এইবাৰ শতধাৰাত ফাটি পৰিল।
ধুমুহা, ঝঞ্জা আৰু
শিলা-বৃষ্টিৰ দৰেই বেগে চিৎকাৰ,
কন্দা-কটা, গালি
বৰ্ষণ হ'বলৈ ধৰিলে। মাজু
বোৱাৰী মনে মনে শুনি যাবলৈ ধৰিলে।*
পোন্ধৰ
চাঁদ সড়কত সিদিনা বাৰুকৈ চাঞ্চল্যই
দেখা দিলে! লক্ষ্ণীহীনৰ দৰে চেহেৰাৰ ওখ-পাখ এজন মুছলমান যুৱক ক'ৰবাৰপৰা আহি পোনে পোনে নাজিৰ চাহাবৰ
ঘৰত উঠিল। নাজিৰ চাহাব এইমাত্ৰ বদলি হৈ আহি চাঁদ সড়কত ঘৰ লৈছিল।
যুৱকৰ গাত খেলাফতি ভলাণ্টিয়াৰৰ পোচাক।
কিন্তু ইমানেই মলিয়ন যে চিকুট মাৰিলেই ময়লা উঠি আহে। খদ্দৰৰ চোলা কাপোৰ- কিন্তু
ইমানেই মোটা যে, বস্তা
বুলি ভ্রম হয়। মূৰত সৈনিকসকলৰ ফেটিগ’-কেপৰ দৰে টুপী, তাত
কিন্তু অৰ্দ্ধ চন্দ্ৰৰ পৰিৱৰ্ত্তে পিতলৰ ক্ষুদ্ৰ তৰোৱাল-ক্ৰুচ। তৰোৱাল-ক্রুচৰ মাজত
হিন্দু-মুছলমানৰ মিলনাত্মক লোৰ এটা সৰু ত্ৰিশূল। হাতত দৰবেশী ধৰণৰ অষ্টবক্ৰ দীঘল
লাঠি। সৈনিকসকলৰ ইউনিফৰ্মৰ দৰে কোট-পেণ্ট। ভৰিত নৌকাৰ দৰে এযোৰ বিৰাট বুটজোতা, উঠি অনায়াসে নদী পাৰ হ'বপৰা যায়। পিঠিত বোম্বাই কিটবেগ ।
শৰীৰৰ ৰং বগা, তেনেকুৱাই
নাক-মুখৰ গঠন ভৰিৰপৰা মূৰলৈকে যেন জুখি তৈয়াৰি- গ্রীক-ভাস্কৰ্যৰ এপেলো মূৰ্ত্তিৰ
দৰে নিখুঁত সুন্দৰI
কিন্তু ইমান সুন্দৰ চেহেৰাক মানুহজনে
অৱহেলা কৰি পৰিত্যক্ত প্রাসাদৰ মৰ্মৰ মূৰ্ত্তিৰ দৰে কেনেকুৱা যেন ম্লান কৰি
পেলাইছে। সর্বাংগে ইচ্ছাকৃত অৱহেলাৰ, অযত্নৰ ছাপ। শৰীৰ-মুখত ইমান ময়লা যে, ধাৰণা হয় এইমাত্র ইঞ্জিন চলাই আহিছে। দাঢ়ি সি ৰখা নাই, কিন্তু বোধহয় এসপ্তাহমান ক্ষৌৰকৰ্ম
নকৰাৰ ফলত খোঁচা খোঁচা দাঢ়ি গজি মুখখন কণ্টকাকীর্ণ বাগিচাৰ দৰে বিশ্ৰী দেখাইছে।
কিন্তু এইবোৰত তাৰ নিজৰ কোনো ধৰণৰ
অস্বস্তি হৈছে বুলি ধাৰণা নহয়। সি ষ্টেচনৰপৰা পদব্ৰজে আহি পিঠিৰ কীটবেগটো সশব্দে
মাটিত পেলাই নাজিৰ চাহাবৰ ঘৰৰ ইজি চিয়াৰত এনেকুৱা আৰামৰ সৈতে ভৰি মেলি শুই পৰিল, যেন তাৰ নিজৰ ঘৰ আৰু এইমাত্র
বাথৰুমৰপৰা ‘ফ্ৰেচ’ হৈ ওলাই আহিছে।
তেতিয়া মাথোন ৰাতিপুৱাইছে। নাজিৰ চাহাব
তেতিয়াও টোপনিৰপৰা উঠা নাছিল।
ইজি চিয়াৰত শোৱাৰ অলপ পাছতেই যুৱকৰ
নাক ঘেৰ্ঘেৰ কৰিবলৈ ধৰিলে।
আঠমান বজাত নাজিৰ চাহাব বাৰালৈ আহি
যুৱকক প্ৰত্যক্ষ কৰি সামান্য অপ্ৰস্তুত হৈ পৰিল। ধাৰণা কৰিলে, কোনো কাবুলিৱালা কাপোৰৰ গাঁঠৰি ৰাখি
ক্লান্ত হৈ টোপনি গৈছে। নাজিৰ চাহাব অতিমাত্ৰা ভাল মানুহ। ফলত এজন কাবুলিৱালা
তেওঁৰ ইজি চিয়াৰত টোপনি গৈছে ধাৰণা কৰি একো নকৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল; আৰু বেচাৰাৰ যাতে টোপনিৰ ব্যাঘাত নজন্মে, তাৰ কাৰণে দুৰন্ত ল'ৰা-ছোৱালীকেইটাক বৈঠকখানাত যাবলৈ নিষেধ
কৰিলে।
ল'ৰাবোৰে এই খবৰ জনা নাছিল। সিহঁতে ধাৰণা কৰিলে, নিষেধ যেতিয়া কৰিছে, তেতিয়া নিশ্চয়ই কোনোবা এটা মজাৰ
বস্তু আহি থাকিব তাত । সিহঁতৰ দলৰ চৰ্দাৰ আমীৰৰ বয়স বৰ-বেছি আঠ বছৰমান হ'ব। বাকী আটায়ে তাৰ জুনিয়ৰ ৷ জখলা
বগোৱা অংকৰ দৰে এধাপ- এধাপ কৰি তলত৷
আমীৰে তাৰ ‘গেংগ’ক মনে মনে কিবা ক'লে।
আটয়েৰে চকু-মুখত আনন্দৰ এক তীব্ৰ হিল্লোল বৈ গ'ল- হঠাৎ বিদ্যুৎ চমকৰ দৰে। চুৰুণী মেকুৰীৰ দৰে মুখ কৰি আটায়ে ওলাই গ'ল। তাৰ পাছত বাহিৰ ফালৰপৰা আহি দুৱাৰ
ঈষৎ ফাঁক কৰি চাবলৈ ধৰিলে। কিন্তু মানুহজনৰ চেহেৰা দেখি উৎসাহ বহু পৰিমাণে স্তিমিত
হৈ পৰিল। সিহঁতৰ মাজৰ আটাইতকৈ সৰু যিজন, সি প্রায় কান্দিয়ে পেলালে, উঃ বাব্বা, জুঁ
হুঁ! তাৰ এধাপ ওখ চিনিয়ৰ ল'ৰাটোৱে
ভয়ে ভয়ে ক’লে-
উহুঁ, সোপাধৰা সেয়া
চোৱা, বস্তা। কৈয়ে
কীটবেগটো দেখুৱাই দিলে। বেচ আৰু যায় ক'লৈ! লগে লগে আমীৰৰ বাহিৰে আটায়ে ‘দে দৌৰ’ বুলি
দৌৰ মাৰিলে ।
আমীৰ কিন্তু হাৰমনা বিধৰ নহয়। তদুপৰি
সি দলপতি! ভয় যিমানেই নকৰক কিয়,
পলাই গ’লে
তাৰ ‘প্রেষ্টিজ’ নাথাকে ৷ ফলত সি একো নকৈ গম্ভীৰভাবে
এটা দীঘল খেৰ আনি পোনে পোনে নিদ্ৰিত যুৱকজনৰ নাকৰ ভিতৰত প্ৰৱেশ কৰালে; যুৱকজন জাঁপ মাৰি চিয়াৰ এৰি উঠি পৰিল।
আমীৰৰ স্ফূৰ্তি চায় কোনে! সি তেতিয়া হাঁহিত একেবাৰে লুটি খাই পৰিছে!
যুৱকজনে একো নকৈ হাঁহি মাৰি পকেটৰপৰা
এটি ৰিভলভাৰ উলিয়াই আমীৰৰ ফালে লক্ষ্য কৰি গুলী এৰিলে। ভীষণ শব্দত নাজিৰ চাহাব
খৰখেদাকৈ দৌৰি আহিল । আৰু বহুতে দৌৰি আহিল । আমীৰ ভয়ত জড়পিণ্ডৱ হৈ গৈছে, কান্দিব পৰ্যন্ত পৰা নাই সি ! তাৰ
দেউতাকক দেখি সি একেবাৰে আৰ্তনাদ কৰি তাক সাৱটি ধৰিলে। তেওঁ একো কোৱাৰ আগতেই
যুৱকজনে হাঁহি মাৰি তাৰ ৰিভলভাৰটো নি আমীৰৰ হাতত গুজি দি ক'লে- এইটো তোমাক দিলো। নাজিৰ চাহাবৰ ফালে
ঘূৰি চাই ক’লে-
এইটো নকল ৰিভলবাৰ। এইটো দি বহু পুলিচক বহুবাৰ ঠগাইছো ।
নাজিৰ চাহাব আৰু উপস্থিত আটায়ে
যুৱকজনক উন্মাদ ধাৰণা কৰি হতভম্ব হৈ তাৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ধৰিলে। এইবাৰ
বহুতেই হাঁহি উঠিল। কিন্তু কোনেও একো কোৱাৰ আগতেই আমীৰ তাৰ দেউতাকৰ কোলাৰপৰা নামি
যুৱকজনৰ ফালে ৰিভলবাৰ টোঁৱাই কৈ উঠিল- এইবাৰ হাম তোমাক গুলী কৰেগা ৷
নাজিৰ চাহাব যুৱকজনৰ ফালে অপলক
দৃষ্টিৰে চাই আছিল । ইয়াক যেন ক'ৰবাত
দেখিছে, অথচ স্মৰণ
কৰিবপৰা নাই। হঠাৎ পিছফালৰ পৰা দুৱাৰত খট্ খট্ ফোন বাজিল অর্থাৎ অন্দৰ মহলৰপৰা কোনোবাই
পিছফালৰ দুৱাৰত টোকৰ মাৰাৰ শব্দ হল। নাজিৰ চাহাব দুৱাৰৰ ফাঁকেৰে ভুমুকিয়াই
চাই কিবা সোধাৰ আগতেই সিপ্ৰান্তত মৃদু শব্দ হ’ল, চিনিবপৰা
নাই। এওঁ যে আমাৰ
আনচাৰ ভাই।
নাজিৰ চাহাব দৌৰি আহি যুৱকজনক সাৱটি
ধৰি ক'লে- আৰে তৌবা ।
তুমি আনচাৰ ? ভাল
বেশ ধাৰণ কৰিছা কিন্তু ! এয়া কি কাবুলিৱালা সাজিছা, কোৱাচোন ! আৰে, ভিতৰলৈ
ব’লা-
ভিতৰলৈ..এইদেৰে কৈয়ে তাক একেবাৰে টানি ভিতৰলৈ লৈ গ'ল।
অন্দৰলৈ যাওঁতেই নাজিৰ চাহাবৰ
স্ত্ৰীয়ে তাক চালাম কৰিলে । যুৱকজনে হাঁহি মাৰি ক'লে- হে’ৰৌ
বুচি, তোৰ চকুৰতো
খুবেই প্ৰশংসা কৰিব লাগে। বাৰু,
এই দহ বছৰ পাছত দেখি চিনিব পাৰিলি কেনেকৈ? ইয়াতে কৈ থোৱা ভাল যে, শ্রীমতী বুচি ওৰফে লতিফা বেগম- আনচাৰৰ
মাহীয়েকৰ ছোৱালী। আনছাৰতকৈ বয়সত পাঁচ বছৰৰ সৰু। কুৰি বছৰতে বুঢ়ী হৈ নগ’লেও চাৰিটা সন্তানৰ মাক হৈছে।
লতিফাই আঁচলেৰে চকুপানী মচি ক’লে- দহ হাজাৰ বছৰ পাছত হ'লেও তিৰোতা মানুহে আপোনজনক চিনিব পাৰে, ককাইদেউ । এওঁলোকতো আৰু তিৰোতা মানুহ
নহয়। কৈয়ে নাজিৰ চাহাবৰ ফালে তেৰেচীয়াকৈ চালে ।
নাজিৰ চাহাবে মূৰটো খজুৱাই খজুৱাই ক'লে- চোৱা, স্ত্ৰীৰ ককায়েকক দহজন ভদ্রলোকৰ
সন্মুখত চিনি সম্বন্ধটো ফাদিল কৰি দিলে তুমি হয়তো আনন্দিত হ’লাহেঁতেন, কিন্তু আনচাৰ নহ'লহেঁতেন৷
আনচাৰে নাজিৰ চাহাবৰ কব্জিত ধৰি
ৰাম-টিপা মাৰি ক'লে-
চুপ, চালা !
তাৰ টিপাৰ তাড়নাত নাজিৰ চাহাব উহু
উহুঁ কৰি আৰ্তনাদ কৰি উঠিল। ক’লে-
দোহাই ভাই, এৰি
দে। মই তোৰ চালা।
আনচাৰে হাঁহি মাৰি হাত এৰি দিলে।
নাজিৰ চাহাব কব্জিত হাত বুলাই বুলাই ক’লে- উঃ! আৰু অকনমান ধৰি ৰাখিলে হাতখন
পাওডাৰ হৈ গ'লহেঁতেন
! তুমি তেনেকুৱাই গোয়াৰ হৈ আছা দেখিছো।
লতিফাই হাঁহি মাৰি ক'লে- এতিয়া তোমাৰ এই বন-জংঘল
পৰিচ্ছদবোৰ খুলি পেলোৱাচোন। তৌবা! কি চেহেৰা বনাইছা ! কাপোৰ-কানি লগত আছে, নে দিম? আগতে গা-ধুই ল'বা, নে চাহ আনিম?
আনচাৰ মজিয়াতে হাতৰ ওপৰত মুৰ থৈ শুই
পৰিল । ক'লে- আঃ ! কি নাম
শুনালি অ’ বুচি!
চাহ! চাহ! আঃ ! আগতে চাহ লৈ আহ,
তাৰ পাছত সকলো হ'ব।
কৈয়ে গুণ্ কৰি গীত গাবলৈ ধৰিলে-
কাপ-কেটলিবাসিনী সিদ্ধি বিধায়িনী
মানস তামসমোষিণী অ’!
দুগ্ধ আৰু শৰ্কৰা-মিশ্ৰ শ্বেতাম্বৰা
চীনা-ট্রে বাহিনী জাড্য (জঠৰতা) হৰে।
লতিফা চাহ আনিবলৈ ওলাই গ'ল। যোৱাৰ সময়ত কৈ গ'ল- পগলা !
এটি সৰু কথা ! তাতেই ধাৰণা হ’ল, যেন লতিফা তাইৰ প্ৰাণৰ সমস্ত সুধা দি উচ্চাৰণ কৰিলে সেই শব্দটো।
ঘৰ-এৰা ককায়েকক বহুকাল পাছত কাষত পাই ভনীয়েকৰ প্ৰাণ বোধহয় এনেকৈয়ে তোলপাৰ কৰি
উঠে।
চাহ বনাবলৈ গৈ সিদিনা সামান্য
অতিৰিক্তই পলম হ'ল।
সিদিনা চৌকাৰ ধোঁৱা বোধহয় লতিফাৰ চকুত আহি ভিৰ কৰিছিলহি। সিদিনা চাহৰ পানীৰ
অর্ধেক আছিল কেটলিৰ, আৰু
অর্ধেক আছিল চকুৰ।*
ষোল্ল
চাহ খোৱাৰ পাছত লতিফাই ক’লে- ককাইদেউ, তুমি তোমাৰ এই কাবুলিৱালাৰ পোচাকযোৰ
খুলি পেলোৱাচোন । বৰ বিশ্রী দেখাইছে! এই মলিয়ন গদ্দৰ পিন্ধি থাকা কেনেকৈ তাকে
ভাবিছো৷
আনচাৰে হাঁহি মাৰি ক'লে- গদ্দৰ নহয় বুঁচি, ইয়াৰ নাম খদ্দৰ। অকনমান ৰ’চোন তই, তাৰ পাছত দেখিবি, কেনেকৈ
ৰাজপুত্ৰৰ দৰে চেহেৰা কৰি পেলাও৷
কৈয়ে নিজৰ ৰসিকতাত নিজেই হাঃ হাঃ কৈ
হাঁহিবলৈ ধৰিলে।
দুঘণ্টা পাছত ‘শেভ’ কৰি গা-ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি যেতিয়া আনচাৰ ওলাল, তেতিয়া তাক সঁচাকৈয়ে ৰাজপুত্ৰৰ দৰে
দেখা গ'ল ।
নাজিৰ চাহাব আৰু লতিফা মুগ্ধদৃষ্টিৰে
আনচাৰক বাৰে বাৰে চাবলৈ ধৰিলে।
লতিফাৰ ল'ৰা-ছোৱালীকেইটা সিমানপৰে আহি বেচকৈ ভাব
জমাই পেলাইছে । আৰু আমীৰৰ ৰিভলভাৰৰ শব্দত চাঁদ সড়ক প্রকম্পিত হৈ উঠিছে। সি বাৰে
বাৰে আহে আৰু তাৰ মাকক কয়- বুজিলা মা, মই এইটোলৈ যুদ্ধ কৰিবলৈ যাম। মোমাইদেউ আৰু মই ইংৰাজক একেবাৰে গুড়ুম!
কৈয়ে তাৰ আৰু মোমায়েকৰ শত্ৰুৰ উদ্দেশ্যে ৰিভলভাৰৰ শব্দ কৰে।
আনচাৰে ক’লে- বুজিলি কুঁচি, সেই ৰিভলভাৰটো লৈ আজি যি কৰিছো ট্ৰেইনত, এক বেটা টিকটিকি মোৰ পিছ লৈছিল আজি। মাথোন
আজিয়ে নহয়, সিহঁত
লাগিয়ে আছে মোৰ পিছত৷ ৰাস্তাত মোৰ এজন বন্ধু লগত আছিল। মূৰত হঠাৎ এটা বুদ্ধি খেলি
গ'ল। মই বন্ধুজনক
ফুচফুচাই ক'লো-
মনে মনে সৌ টিকটিকিক খবৰ দিবা যে মোৰ লগত ৰিভলভাৰ আছে। সি গৈ খবৰ দিওঁতেই, আৰু যায় ক’ত! চাও, শ্ৰীমান ৰাণাঘাট ষ্টেচনত এডজন আৰক্ষীলৈ হাজিৰ ৷ মই নামোতেই মোক ক'লে- আপুনি থানালৈ ব’লক৷ আপোনাক দৰ্কাৰ আছে। মই ক'লো, মোক তাত চাহ খাবলৈ দিবতো? ৰে'লৱে
আৰক্ষীৰ দাৰোগাবাবুই বেঁকাকৈ হাঁহি মাৰি ক'লে- নিশ্চয়, চাহ, জলপান সকলো প্ৰস্তুত কৰি থৈয়ে আপোনাক
নিবলৈ আহিছো। মই হাঁহি মাৰি ক’লো-
ধন্যবাদ! ব’লক।
তাৰ পাছত থানা লৈ নি চাৰ্জ কৰি যেতিয়া পালে এই খেলনা ৰিভলভাৰটো, তেতিয়া সিহঁতৰ মুখৰ অৱস্থা যি হৈছিল, সেয়া ঠিক কৈ বুজাব নোৱাৰিম। গোবৰ
থাকিলে ছাপ তুলি ল'লোহেঁতেন।
কৈয়ে আকাশ বিদীর্ণ হাঁহি মাৰিলে।
লতিফাই হাঁহি হাঁহি লুটি খাই ক’লে-বাৰু ককাইদেউ, তুমি এতিয়াও সেই ল'ৰালিৰ দৰেই দুষ্ট হৈ আছা । সেয়া য’ক বাৰু, তুমি ইমান দিন ক'ত
আছিলা, কোৱাচোন ?
আনচাৰে হাঁহি মাৰি ক'লে-আৰে, ইমান ডাঙৰ খবৰটোৱে ৰাখা নাই তই? আজি আহিছো ময়মন সিংহৰপৰা। তালৈ গৈছিলো চিলেটৰপৰা। চিলেটলৈ গৈছিলো
ত্ৰিপুৰাৰপৰা। কুমিল্লালৈ গৈছিলো চাটিগাঁৰপৰা।
নাজিৰ চাহাবে বাধা দি ক'লে- আৰে থামা থামা, আৰু ক'ব নালাগে। বুজিছো,
টলৌ টলৌ কোম্পানীৰ দলত নাম লেখাইছা তুমি, এয়ে তো ?
আনচাৰ ক’লে- ধৰাচোন তেনেকুৱাই! অৱশ্যে একেবাৰে বিনা উদ্দেশ্যে নহয়। ঘূৰি
ফুৰো, লগতে কিছু কামো
কৰোঁ । এইদৰে কৈয়ে হঠাৎ কৈ উঠিল- বুজিলি কুঁচি, তহঁতৰ ইয়াত কিন্তু এদিনৰ বেছি নাথাকো ।
লতিফাই ব্যথিত কণ্ঠত ক'লে- এই তিনি ঘণ্টাৰ মাজতে আমাৰ এই ঠাই
তোমাৰ ওচৰত অসহ্য হৈ উঠিল নেকি,
ককাইদেউ ?
আনচাৰে হুমুনিয়াহ কাঢ়ি স্নেহার্দ্ধ
কণ্ঠত ক’লে- অভিমান
নকৰিবি, ভনী, সকলো কথা শুনিলে তহঁতেই ঘৰত ঠাই দিবলৈ
সাহস গোটাব নোৱাৰিবি।
নাজিৰ চাহাবে ক’লে- জানো ভাই, তুমি দেশৰ কামলৈ বলিয়া। হ'লেও ইমান সহজে মোৰ চাকৰি নাযায়- সেই
ভয় তুমি কৰিব নালাগে ৷
আনচাৰ ক’লে- ৰ’বাচোন
অকনমান, এতিয়াই
থানাৰপৰা খবৰ ল'বলৈ
আহিব। মই অহাৰ আগতেই ইয়াত টেলিগ্রাম আহি গৈছে যে, ১০৯ নম্বৰ যাত্ৰা কৰিছে।
লতিফাই সুধিলে- ১০৯ নম্বৰ কি, ককাইদেউ ?
আনচাৰে ক’লে- সেইবোৰ তহঁতে নুবুজিবি। আমাৰ
ৰাজনৈতিক অপৰাধীসকলৰ একোটাকৈ নম্বৰ আছে। সকলো চি আই ডি অফিচাৰৰ ওচৰত এটাকৈ লিস্ট
থাকে। পাছত বেলেগে জানিব পাৰে, সেয়ে
আমাৰ নাম ন’লৈ
নম্বৰটো উল্লেখ কৰি চিঠিপত্র লেখে টেলিগ্রাম কৰি। কৈয়ে আনচাৰ হাঁহি মাৰি ক'লে- আমাৰ কেনেকুৱা সন্মান দেখিছনে, বুচি? সদায় লগত দুজন সশস্ত্ৰ আৰক্ষী-প্ৰহৰী থাকে ৷ তাৰ পাছত দুই বেলা আমাৰ
দিন কেনেকৈ পাৰ হৈছে তাৰ খবৰ লয়। একেবাৰে দ্বিতীয় লাট চাহাব বুলি ধৰচোন।
লতিফাৰ চকু চল্চলীয়া হৈ উঠিল। আনচাৰৰ
ফালে অশ্রুসিক্ত চকু মেলি চাই ক'লে-
তোমাক ল'ৰালিৰপৰাই মই
জানো, ককাইদেউ, তুমি ওৰেটো জীৱন এনেকৈ পৰৰ দুখত বলিয়া
৷ তথাপি আজি কিয় যেন ইচ্ছা কৰিছে,
মোৰ যদি শক্তি থাকিলহেঁতেন, তোমাক আৰু এনেকৈ মৃত্যুৰ মুখলৈ আগবাঢ়িবলৈ নিদিলোহেঁতেন । বাৰু
ককাইদেউ, তোমাৰ কিহৰ দুঃখ, কোৱাচোন? ঘৰ-দুৱাৰ, বিষয়-সম্পত্তি, মাক-দেউতাক, বায়েক-ভনীয়েক- একোৰেতো অভাৱ নাই
তোমাৰ ! তোমাক চাই কোনে ক'ব
পাৰিব তোমাৰ আত্মীয়-স্বজন কোনোবা আছে- তোমাৰ ঘৰ-দুৱাৰ বুলিবলৈ কিবা আছে !
আনচাৰ বিষাদ জড়িত কণ্ঠত ক’লে- মইতো কোনোদিন কোৱা নাই, যে মোৰ কোনো কিছু নাই !- কোনোবা ক’তো নাই । বিশ্বৰ সকলো মানুহ একে সাঁচত
গঢ়া নহয়, কুঁচি।
ইয়াত কোনোবাই দৌৰে সুখৰ সন্ধানত,
কোনোবাই দৌৰে দুখৰ সন্ধানত ৷ মই দুখৰ সন্ধানী। ধাৰণা হয় যেন মোৰ আত্মীয়-পৰিজন
একো নাই! মোৰ আত্মীয় যিসকল, সিহঁতৰ
সুখৰ নীড়ত মোৰ মন নবহিল ! অনাত্মীয়ৰ অপৰিচয়ৰ দলৰ নীড়হাৰা পখী মই! সিহঁতৰ
বেদনাত, সিহঁতৰ
চকু-পানীত মই যেন মোক পৰিপূৰ্ণ ৰূপত দেখিবলৈ পাওঁ। সেয়ে ঘূৰি ফুৰো সেই গৃহহীন
সকলৰ লগত৷*
সোতৰ
শেষৰ ফালে আনচাৰ যেন কেনেকুৱা অভিভূত
হৈ পৰিল । তাৰ পাছত নিজক সামান্য চম্ভালি লৈ ক'বলৈ ধৰিলে- মই ইয়ালৈ কিয় আহিছো, জাননে? জে'লৰপৰা ঘূৰি অহাৰ পাছৰপৰা ৰাজনৈতিক মত
সলনি হৈ গৈছে। মই এতিয়া......... কয়ে কিবা ক'বলৈ গৈ অপ্রতিভভাবে কৈ উঠিল- বুঁচি, এতিয়াও চকাত সূতা কাট নেকি ?
লতিফাই হাঁহি মাৰি ক'লে- নাই নাই ককাইদেউ, এতিয়া নিজৰ চৰ্কাতে তেল দিবলৈ সময়
নাই, দেশৰ চকা ঘূৰাম
কেতিয়া?
আনচাৰে হাঁহি মাৰি ক'লে- হুঁ, এতিয়া তেনেহ'লে
চৰকাৰ সূতা এৰি কোলাৰ সূতসকলক লৈ তোৰ সংসাৰৰ তাঁত বুইচ? চা, সেই লেঠা এৰি দি ভালেই কৰিছ তই। এতিয়াই কৈছিলো যে, মোৰ মত পৰিৱৰ্ত্তন হৈছে। এতিয়া মোৰ
মতৰ কথা শুনিলে হয়তো তই আকাশৰপৰা সৰি পৰিবি। বোজা কৰি চৰ্কা বৈ যাৰ কান্ধত দাগ
বহি গৈছে, তোৰ
সেই চক্কা ককাই আনচাৰৰ মত কি শুনিবি? সি কয়- সূতাত কাপোৰ হয়, দেশ স্বাধীন নহয়।
লতিফা সঁচাকৈয়ে এইবাৰ হাঁহি হাঁহি
লুটি খাই পৰিল । তাই ক'লে-
কোৱা কি, ককাইদেউ! আৰে
বাপৰে, চৰ্কালৈ ঠাট্টা
কৰাৰ কাৰণে তুমি নেকি মাহমুদক এদিন কাণত ধৰি।ঘৰময় নাক ঘঁহা দিছিলা। আই-ঐ-দেহি, কি হ'ব
এতিয়া? শেষত নেকি তুমি
চৰ্দাত অবিশ্বাসী হ’লা?
আনচাৰে এগাল তামোল-পাণ মুখত ভৰাই ক'লে- সঁচাকৈয়ে তেনেকুৱাই। মই আজি-কালি
ধাৰণা কৰো যে, বেলেগ
বেলেগ দেশ মূৰ কাটি স্বাধীন হ'বপৰা
নাই, আৰু এই দেশ সূতা
কাটি স্বাধীন হ’ব?
নাজিৰ চাহাবে ক’লে- দোহাই লাগে ককাই, এই মূৰ কটাৰ কথাটো য’তে ত’তে কৈ নিজৰ কেঁচা মূৰটোক আৰু বিপদত নেপেলাবা!
আনচাৰে হাঁহি মাৰি ক'লে- তাৰ মানে, কোনো এক শুভ প্রভাতত মূৰটো দেহৰ লগত ‘নন-কো-অপাৰেশ্বন' কৰি বহিব- এয়েতো? অৱশ্যে ভাই, যি দেশৰ মূৰবোৰ দোঁ খাই খাই একেবাৰে
ভৰিৰ ওচৰ পাইছে, সেই
দেশৰ দুই এটা মূৰ যদি থিয় হৈ থাকে আৰু তাৰ ঔদ্ধত্যৰ শাস্তি স্বৰূপ খড়্গৰ কোব লাভ
কৰে তেনেহ'লে
দোঁ খোৱা মূৰবোৰৰ লজ্জা বহু পৰিমাণে হ্ৰাস পাব বুলি ধাৰণা কৰো।
লতিফাই ক’লে- চৌকাত য’ক তোমালোকৰ ৰাজনীতি ! এতিয়া মই কওঁ
শুনা, তুমি চিৰদিন
এনেকৈ ঘৰৰ খাই বনৰ ম'হ
খেদিয়ে কটাবা নেকি ?
আনচাৰে হাঁহি মাৰি ক'লে- চৌকাত আমাৰ চৰকাক দিছো- ৰাজনীতি
দিব নোৱাৰিম বোধহয়। তই ভুলকৈ ক’লি, কুঁচি, মই ঘৰৰ খাই বনৰ ম'হ
খেদোৱা নাই। বনৰ খায়ে বনৰ বাঘ খেদিছো ! ঘৰৰ খাদ্যত মোৰ ৰুচি নহ'ল, কি কৰিবি? কপাল
! লতিফাই ক’লে-
বাৰু, তুমি কোনোদিন
কাৰো কথা শুনা নাই, আজিও
নুশুনিবা । সেয়ে ভাবিছো, কিয়, কেনেকৈ আমাৰ কথা মনত পেলাই ইয়ালৈ
আহিলা?
আনচাৰ ক’লে- মই চিৰদিন ঠিকেই আছো । একেবাৰে বিনা প্রয়োজনত অহা নাই, সেয়া আগতেই কৈছো। ইয়াত এটা শ্রমিক
সংঘ গঢ়ি তুলিবলৈ আহিছো। প্রত্যেক জিলাত আমাৰ শ্রমিক সংঘৰ এটিকৈ শাখা থাকিব।
সম্প্রতি সেই মতলব লৈয়ে ঘূৰি ফুৰিছো বিভিন্ন ঠাইত । ইয়াত হয়তো এমাহ বা তাতকৈও
বেছি দিন থাকিব লাগিব। এইমাত্র ময়মন সিংহত দুমাহ থাকি আহিলো৷
লতিফা শিশুৰ দৰে আনন্দিত হৈ নাচি উঠি ক’লে- সঁচাকৈয়ে ককাইদেউ, তুমি ইয়াত ইমান দিন থাকিবা ? বাঃ বাঃ! কি মজাই যে হ'ব তেনেহ'লে! মই আজিয়ে চিঠি লেখি দিওঁ মাহীদেউক- সিহঁত আটায়ে আহি আমাৰ ইয়াত
থাকি যাওঁক কিছুদিন। ককাইদেউ, এমাহ
নহয়, দুমাহ থাকিব
লাগিব।
আনচাৰে হাঁহি মাৰি ক'লে- তইতো ল'ৰাৰ মাক হৈ আজিও আনন্দ মনেৰেই আছ। চিঠি
লেখ, তাত মোৰ আপত্তি
নাই, কিন্তু মই মোৰ
কাম লৈ ইমানেই ব্যস্ত থাকিম যে,
তহঁতৰ লগত হয়তো দিনত এবাৰো দেখা কৰিব নোৱাৰিম ৷ মই ইয়াত থাকিলেওতো
তহঁতৰ ইয়াত থাকিব নোৱাৰিম। নাজিৰ চাহাবৰ পিছত টিক্টিকি লাগি একেবাৰে নেস্তনাবুদ
কৰিহে এৰিব৷
লতিফাৰ হাস্যোজ্জ্বল মুখ নিমিষতে ম্লান
পৰি গ'ল- শিশুৰ হাতৰ
ৰঙমশাল জ্বলি উঠি নুমাই যোৱাৰ দৰে তাইৰ দীপ্ত মুখমণ্ডল নিৰুজ্জ্বল হৈ উঠিল।*
ওঠৰ
ইয়াৰ পাছত দুই দিন পাৰ হৈ গৈছে। আৰু এই দুই
তিনিদিন আনচাৰ গাড়োৱান, ঘোড়াৰ গাড়ীৰ কোচোৱান, ৰাজমিস্ত্রি, কুলী-মজদুৰ, হৰিজন প্রভৃতিক লৈ চহৰত এটি ৰীতিমত
হুলস্থূল সৃষ্টি কৰিছে। চহৰময় গুজৱ ৰটনা হৈছে যে, ৰাছিয়াৰ বলশেভিকসকলৰ গুপ্তচৰ আহিছে মানুহক খেপাবলৈ। চৰকাৰী
বিষয়াসকলৰ মাজতো ইয়াকে লৈ কাণাকাণি চলিছে। মেজিষ্ট্রেট, আৰক্ষী, মিউনিচিপালিটি, এনেকি
কংগ্ৰেছীসকলেও আনচাৰক এক প্ৰকাৰ তেৰেচীয়া চকুৰে চাবলৈ আৰম্ভ কৰিছে। কিন্তু
সেইফালে আনচাৰৰ ভ্ৰুক্ষেপ নাই। সি পূর্ণ উদ্যমে মটৰ চকাৰ দৰে ঘূৰি ফুৰিছে।
সিদিনা সন্ধিয়া চাহ খোৱাৰ সময়ত আনচাৰ
বাৰে বাৰে অন্যমনস্ক হৈ পৰিবলৈ ধৰিলে। গল্প সিদিনা মুঠেও জমি নুঠা দেখি নাজিৰ
চাহাবো কেনেকুৱা উন্মনা হৈ উঠিল। আনচাৰ এই কেইদিন ধুমুহাৰ দৰে আহি যি পাইছে
নাকে-মুখে গুজি আকৌ তাৰ কুলী-মজদুৰ,
মেথৰ-চাঁড়ালসকলৰ বস্তিত ঘূৰি ফুৰিছে। লতিফা খং কৰি, অভিমান কৰি কান্দিও একো কৰিবপৰা নাই।
আনচাৰ হাঁহি মাৰি মাথোন কৈছে- পাগলী! সেই হাঁহি ইমান কৰুণ, ইমান বেদনাক্ত আৰু এই কথাষাৰ ইমান
স্নেহ- সিঞ্চিত সুৰত বিজড়িত যে,
তাৰ পাছত লতিফা আৰু এষাৰ কথাও ক’বপৰা নাই। ব্যথা তাই যিমানেই নাপাওঁক কিয় তাইৰ বুকু লগে লগে গৰ্বত
ভৰি উঠিছে যে, তাইৰ
এই ছন্দহীন ককায়েক ভিক্ষুকসকলৰ কাৰণেই আজি বাটৰ ভিখাৰী। তাক ভিখাৰী সজাইছে এই
ভিক্ষুকসকলৰ বেদনা । গৰ্বৰ কান্দোনত তাইৰ বুকু দুলি উঠিল।
আজি সন্ধিয়া অপ্রত্যাশিতভাবে আনচাৰ
আহি চাহ খাই যেতিয়া ‘ইজি
চিয়াৰটো’ত শুই পৰিল
তেতিয়া লতিফা যেনেকৈ আনন্দিত হ'ল, তেনেকৈ আনচাৰৰ সেই ক্লান্ত সুৰত
কেনেকুৱা সামান্য অবাকো হৈ উঠিল। এনেকুৱা বিষাদৰ সুৰ তাই কোনোদিন শুনা নাই।
চাহ আনি যেতিয়া তাই ভৰিৰ ওচৰত বহিল, তেতিয়া নাজিৰ চাহাব আপোন মনে ৰাজ্যৰ
কিবাকিবি বকি গৈছে, আৰু
আনচাৰ মাজে মাজে আনমনে হুঁ-হাঁ কৰি গৈছে৷
লতিফাই হাঁহি মাৰি ক'লে- বাৰুকৈয়ে বেহুচ লোক তুমি! কাক
কৈছা আৰু কোনে শুনিছে তোমাৰ কথা,
কোৱাচোন ? কোৱাচোন
ককাই, এনেকৈ কি ভাবিছা
তুমি?
নাজিৰ চাহাব বেচাৰাই মূৰ খজুৱাই চাহৰ
কাপত চুমুক দি কৈ উঠিল- অ' এওঁ
আমাৰ নবৌ চাহেবাৰ কথা ভাবিছে! আৰে,
আগতেই ক'ব
লাগে। তেনেহ'লে
জানো এই সময়ত এই বদ্ৰসিকতা কৰোঁ। কিন্তু ভাই, তোমাৰ এই মেথৰ-মুচীৰ কথা ভবা মনত যে কোনো সুন্দৰী মুখ ভুমুকি মাৰিব
পাৰে- সেই ভৰসা কৰিবলৈ যেন কিবা ভৰসা পোৱা নাই।
আনচাৰৰ মুখমণ্ডলত সামান্য হাঁহিৰ ৰেখা
দেখা দিলে, নে
নিদিলে বুজা নগ'ল।
সি অন্যমনস্কভাবে চাহ খাই গ'ল।
চাহৰ প্ৰসাদত তাৰ বিষণ্ণতা বহু পৰিমাণে আঁতৰি গৈছে।
লতিফাই নাজিৰ চাহাবক ডাবি দি কৈ উঠিল-
তুমি ৰ'বাচোন অকনমান!
সঁচাই নেকি ককাইদেউ, কোৱানা-
আজি তুমি ইমান মনে মনে কিয় ?
নাজিৰ চাহাবে বেলেগ ফালে মুখ ঘূৰাই
নেপথ্যেত কোৱাৰ দৰে কৈ উঠিল- বাদুলীক কোনে কলৰ সন্ধান দিলে ! ইয়া আল্লাহ !
আল্লাহু আকবৰ!
লতিফাই ভ্ৰযোৰ বেঁকা কৰি খঙাল চকুৰে
চাই ক'লে- আকৌ !
এইবাৰ আনচাৰে হাঁহি মাৰি ক'লে- নাঃ! আৰু মোক গম্ভীৰ হৈ থাকিবলৈ
নিদিলি, বুঁচি!
মেঘ বহু পৰিমাণে কাটি যোৱা দেখি লতিফা
আনন্দিত হৈ আবদাৰৰ সুৰত ক'লে-
কি ভাবিছিলা ইমান সময়? কোৱানা,
ককাইদেউ!
আনচাৰে চাহৰ প্ৰথম কাপ শেষ কৰি
দ্বিতীয় কাপত চুমুক দি ক'লে-
যাঃ! তেনেকুৱা একো নহয়। এনেয়ে কিবা এটা ভাবিছিলো । দেখিবি কুঁচি, এই দেশৰ একো নহ'ব।
লতিফা চতুৰা ছোৱালী। আনচাৰ এৰাই যাবলৈ
বিচাৰিছে দেখি তাইও বেঁকা পথ অৱলম্বন কৰিলে। আনচাৰৰ সেই কথাৰ উত্তৰ নিদি তাই পোনে
পোনে সুধিলে- বাৰু ককাইদেউ, ৰুবীৰ
খবৰ কিবা জানা নেকি ?
আনচাৰ চমকি উঠিল ৷ সি ইয়াৰ কাৰণে
প্ৰস্তুত নাছিল । দুই তিনি চুমুকত চাহ শেষ কৰি বেলেগ ফালে চাই লাহে লাহে ক’লে- এবাৰ তাইৰ লগত দেখা হৈছিল,বুঁচি।
লতিফা আৰু কাষ চেপি আহি ক'লে- ক'ত ককাইদেউ? তোমাক
দেখি তাই নিশ্চয় চিনিব পাৰিলে! কি ক’লে দেখি ? তুমি
কেনেকৈ চিনিলা তাইক ?
আনচাৰে ম্লান হাঁহি মাৰি ক'লে- দেখা হৈছিল ময়মনসিংহত। চিনিবলৈ
পলম নহ'লেও বিশ্বাস
কৰিবলৈ পলম হৈছিল মোৰ? বেচ
সামান্য পলম.... কৈয়ে আনচাৰ দীর্ঘনিশ্বাস এৰি আকৌ দুচুমুক চাহ খাই শান্ত সুৰত ক'লে- মই ছাত্ৰসকলৰ এটা সভাত বক্তৃতা দি
আছিলো । বহু মহিলাও উপস্থিত আছিল সেই সভাত ৷ তাৰ মাজতে এজনী বিধৱা মহিলা ঘোমটা
পেলাই মোৰ ফালে চাই আছিল। মই চকু ঘূৰাই আনিলো। ভাল বক্তৃতা দিব পাৰো বুলি চহৰময়
কথাটো প্ৰচাৰ হৈ গৈছিল, কিন্তু
সিদিনা স্পষ্টভাবে বুজিলো, মোৰ
বক্তৃতা শুনি কোনেও সন্তুষ্ট হ'বপৰা
নাই। মোৰ ছাত্ৰ বন্ধুসকলে পৰম্পৰৰ মুখলৈ চাবলৈ ধৰিলে। মোৰ জিভা তেতিয়া মাথোন জঠৰ হৈ উঠিছে।
লতিফা ৰুদ্ধনিশ্বাসত শুনিছিল বুলি ক'লে ঠিক নহ'ব- গিলছিল যেন সকলো কথা। তাই
কান্দোনমূৱা হৈ ক’লে-
ৰুবী বিধৱা হৈছে, ককাইদেউ
?
আনচাৰ চাহৰ কাপটোত হাওলি মুখখন আঁৰ কৰি
ক'লে- হুঁ!
ধাৰণা হ’ল, সি
বোধহয় আৰু একো ক'ব
নোৱাৰিব। কোনেও কোনো কথা নক'লে, কেনেকুৱা এক বেদনাময় বিষণ্ণতাত আটাইৰে
মন আচ্ছন্ন হৈ উঠিল। মেঘাচ্ছন্ন সন্ধিয়া যেনেকৈ নামে বন্ধুহীন বিজন ঘৰত ৷
চাহ তেতিয়া চেঁচা হৈ হিম হৈ গৈছে।
তাৰে আটাইখিনি ঢকঢককৈ খাই উঠি আনচাৰ সামান্য সহজ সুৰত ক'লে- তাৰ পাছত দেখা হ’ল- বহু কথাও হ'ল ৰুবীৰ লগত- ৰুবীৰ মাক-দেউতাকৰ লগত-
ৰুবীৰ দেউতাক এতিয়া ময়মনসিংহৰ ডিষ্ট্রিক্ট জজ, বুঁচি!
কিন্তু বুঁচি কোনো সমিধান দিয়াৰ আগতেই
আনচাৰ পুনৰ ক'বলৈ
ধৰিলে- ৰুবীৰ দেউতাকে অৱশ্যেই মোৰ লগত ভয়ে ভয়ে কথা ক'লে ৷ তাইৰ মাকে কিন্তু তেনেকৈয়ে
আদৰ-যত্ন কৰিলে মোক ৷ মোৰ লগত কথা পতাৰ সময়ত তাইৰ চকু বাৰে বাৰে লোতকত ভৰি
উঠিছিল।
লতিফা অসহিষ্ণু হৈ কৈ উঠিল- ৰুবী কি ক’লে, কোৱানা ককাইদেউ !
আনচাৰে হাঁহি মাৰি ক'লে- কৈছো, ৰ’চোন। ৰুবীৰ বিয়া হৈছিল এজন আই চি এচ পৰীক্ষাৰ্থী ল'ৰাৰ লগত ৷ ল'ৰাজন মোৰে সহপাঠী আছিল- অৱশ্যে মোৰ
বন্ধু নাছিল । তাৰ নাম মোৱাজ্জেম । বিলাতলৈ যোৱাৰ আগতেই বিয়াৰ এমাহ পাছতে তাৰ
মৃত্যু হয়। সেয়া আজিলৈ এবছৰৰো অধিক হ'ল। বিয়াৰ আগতেই ৰুবী মেট্ৰিক পাছ কৰিছিল। এইবাৰ প্রাইভেট আই, এ দিব। ধাৰণা হ’ল, তাইৰ মাক-দেউতাকৰ ইচ্ছা তাইক লেখা-পঢ়াৰ মাজত আৱদ্ধ ৰাখি সকলো পাহৰাই
ৰখাৰ ৷ ইয়াৰ কাৰণে যথেষ্ট খৰচো কৰিছে তেওঁলোকে। শুনিলো, ৰুবীও হেনো খুব মনযোগেৰে লেখা-পঢ়া কৰিছে।
এইদৰে কৈয়ে কিছু সময় মনে মনে থাকি
আনচাৰ পুনৰ ক'লে-
ৰুবীৰ অন্তৰৰ কথা অন্তর্যামী জানে,
অৱশ্যে সেই বৈধই তাইক বেদনা দিব পৰা নাই- সেয়া ভালদৰে বুজা গ'ল ৷ স্বামীক তাই চিনা নাই- মোৰ ধাৰণা হ'ল যেন, তাক তাই চিনিবলৈ চেষ্টাও কৰা নাই। তাইৰ পঢ়াৰ ঘৰত তাইৰ স্বামীৰ এটি
ফটো পর্যন্ত নাই। অথচ তাই যে বিধৱা সামান্য চেষ্টা কৰি তাই এই কথা যেন জনাব বিচাৰে
তাইৰ আচাৰ-ব্যৱহাৰ, পোচাক-পৰিচ্ছদত, তাইৰ মাক-দেউতাকে কোনোমতেই তাইক পাৰি
দিয়া শাড়ী বা গহেনা পিন্ধাবপৰা নাই। পিন্ধে বগা থান-কাপোৰ, জোতা ভৰিত নিদিয়ে, তামোল-পাণ নাখায়- যাক কয় সৰ্বপ্ৰকাৰে
নিৰাভৰণা, কিন্তু
এই নিৰাভৰণা ৰুক্ষবেশত তাইক যে কি সুন্দৰ দেখায়, কুঁচি, সেয়া
যদি এবাৰ দেখিলিহেঁতেন! বৈধৱ্যৰ ইমান ৰূপ মই আগতে ক’তো দেখা নাই ।
কৈয়ে নিজৰ এই প্ৰশংসাৰ উক্তিত লজ্জিত
হৈ নিম্নসুৰত ক'লে-কিন্তু
কুঁচি, সেই ৰূপক ভক্তি
কৰিবপৰা যায়, ভালপাবপৰা
নাযায়।
নাজিৰ চাহাব ফোঁচ কৰি এটি দীর্ঘনিশ্বাস
এৰি ‘ক্লিনছেভ’ গালৰ কল্পিত দাঢ়িত বাঁও হাতখন বুলাই ক’লে- চোভহান আল্লাহ ! চোভহান-আল্লাহ !
লতিফা আৰু আনচাৰ একেলগে হাঁহি উঠিল।
আনচাৰ নাজিৰ চহাবৰ কান্ধত এটা ঘোচা
মাৰি ক'লে- আৰে
বে-অকুফ! ইয়াৰ মাজত প্ৰেমৰ কোনো গোন্ধ নাই!
নাজিৰ চাহাবে ডিঙিত হাত বুলাই ক'লে- চোৱা ভাই, তাৰকেশ্বৰৰ ষাঁড়! এই কান্ধত এনেকৈ
ঘোচা নামাৰিবা। এই কান্ধেই হৈছে তোমাৰ ভনীয়েকৰ সিংহাসন। এই কান্ধে যদি ভাঙি যায়
তেনেহ'লে এওঁ উঠিব ক’ত?
লতিফাই হাঁহি মাৰি ক'লে- শাঁৱলা গছত ! বেচ, মই প্রেতিনীয়ে হ'লো । এতিয়া যদি গণ্ডগোল কৰা ডিঙি
মটকাই দিম । কোৱা ককাইদেউ, তাৰ
পাছত কি হ’ল?
আনচাৰে ক’লে- জানা, এদিন মই ৰুবীক পোনপটীয়াভাবে ক’লো যে, ইমান আতিশয্য নকৰিলেও তাই যে বিধৱা এই কথা বুজিবলৈ মানুহৰ কষ্ট নহ'লহেঁতেন। তাই কি ক’লে জানা? তাই ক'লে
যে, তাই তাইৰ
মাক-দেউতাক শাস্তি দিয়াৰ কাৰণেই এনেকুৱা কৰি আছে । তাইৰ ঘোৰ আপত্তি সত্ত্বেও নেকি
তাইক বিয়া দিছিল তেওঁলোকে- আকৌ বিয়া দিবলৈ চেষ্টা কৰিছে তলে তলে তাইৰ মতামতৰ
অপেক্ষা নকৰাকৈয়ে। তাই এদিন তাইৰ মাকৰ সন্মুখতে মোক ক'লে- চোৱা আৰু ককাই, যাক কোনোদিন জীৱনত স্বীকাৰ কৰা নাই, সেই হতভাগ্যৰেই মৃত্যু-স্মৃতি মই বৈ
ফুৰিব লাগিব ওৰেটো জীৱন-এই অপমানৰ দায়ৰপৰা কেনেকৈ মুক্তি পাম, ক'ব পাৰা?
মই শিহৰিত হৈ উঠিলো। ক'লো- এয়া যদি সঁচা হয়, ৰুবী- তেনেহ'লে এই অপমান মাথোন তুমিয়ে নহয়- সেই
মৃত হতভাগ্যও হৈছে। এই ধৰণৰ নিষ্ঠুৰতা কৰি কাৰো কেতিয়াও কোনো মংগল নহয়, ৰুবী ।
ৰুবী তিক্তকণ্ঠত কৈ উঠিল-ইয়াক মাথোন
তুমিয়ে নিষ্ঠুৰতা বুলি ক'ব
পাৰিলা । একো মনত নল’বা, আৰু ককাই – অতি বৰ নিষ্ঠুৰৰ বাহিৰে কোনেও ইমান
ডাঙৰ কথা মোক ক'ব
নোৱাৰিলেহেঁতেন। তুমি মাথোন ইয়াৰ নিষ্ঠুৰ দিশটোৱে দেখিলা? যিজনে মোক নিষ্ঠুৰ কৰি তুলিছে তাক তুমি
নেদেখিলা?
এইদৰে কৈয়ে তাই আঁতৰি যোৱাৰ সময়ত কৈ
গ'ল- ফুল শুকাই
গৈছে, কিন্তু কাঁইটতো
আছে, ফুল থাকিলে
বুকুত মালা হৈ থাকিলহেঁতেন, এতিয়া
কাঁইট- মাথোন ভৰিৰ তলুৱাত বিন্ধিব।
ইয়াৰ পাছতো বহুদিন দেখা হৈছে, কথাও হৈছে- কিন্তু মই আৰু সাপৰ নেজত
ভৰি দিবলৈ সাহস গোটাবপৰা নাই। একেবাৰে জাত-ফেটী!
লতিফাই সামান্য উত্তেজিত সুৰতে ক'লে- কিন্তু তুমি নিচিনিবা, ককাইদেউ, তুমি সঁচাকৈয়ে লক্ষ্মীহীন। খুঁট মাৰিলেও তাইৰ মূৰত মণি আছে। সাপৰ
মূৰৰ মণি সাত ৰজাৰ ধন, সেয়া
যিয়ে সিয়ে পায় জানো ?
এইদৰে কৈয়ে
তাই চকু-পানী মচিলে ।
আনচাৰ কেনেকুৱা যেন নিস্তেজ হৈ পৰিল৷
আজি কিয় যেন তাৰ প্ৰথম ধাৰণা হ'ল, সি সঁচাকৈয়ে দুঃখী। মানুহৰ মাথোন পৰাধীনতাৰে দুঃখ নাই- বেলেগ ধৰণৰ
দুঃখও আছে- যি অতি গভীৰ অতলস্পৰ্শী! নিখিল মানৱৰ দুঃখই মাথোন মনক পীড়িত কৰে, বিদ্ৰোহী কৰি তোলে, কিন্তু নিজৰ বেদনা - সি যেন মানুহক
সুস্থ কৰি তোলে। বৰ মধুৰ, বৰ
প্ৰিয় সেই দুঃখ।
আনচাৰ হঠাৎ কৈ উঠিল- যিদিনা মই গুচি
আহিলো, কুঁচি সিদিনা
তাই ষ্টেচনলৈ আহিছিল। ট্ৰেইন এৰি দিয়াৰ সময়ত তাই মোৰ হাতত এটা বস্তু দি ক'লে- এইটো বিয়াৰ নিশা তোমাক ভাবি
গাঁথিছিলো । আজি শুকাই গৈছে, মাথোন
তোমাক দিলো।- কৈয়ে গুচি গ’ল!
ৰে'ল এৰাৰ পাছত দেখিলো,
এডাল শুকান মালা!
নাজিৰ চাহাব কৈ উঠিল- কি কৰিলা, ভাই সেই মালাডাল ?
আনচাৰ অৱৰুদ্ধ কণ্ঠত ক’লে- পদ্মাৰ পানীত পেলাই দিছো । লতিফা
এষাৰ কথাও নক'লে, লাহে লাহে উঠি গ'ল।*
ঊনৈছ
চাঁদ সড়কত সিদিনা ভীষণ হৈ-চৈ লাগি গ'ল, মাজু বোৱাৰী তাইৰ ল'ৰা-ছোৱালীহাল
লৈ খ্ৰীষ্টান হৈ গৈছে। সঁচাকৈয়ে তাই খ্ৰীষ্টান হৈ গৈছে। অৱশ্যে ইয়াৰ সামান্য
ইতিহাসো আছে।
মাজু বোৱাৰী কিছুদিনৰপৰা খ্ৰীষ্টান
মিচনাৰিৰ মিচ জোন্সৰ ওচৰত সামান্য চিলাই আৰু লেখা-পঢ়া শিকিছিল। মিচনাৰীসকলে
তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ কাৰণে হয়তো সামান্য দায়িত্বত পৰিয়ে দুখীয়া মুছলমান আৰু
হিন্দুসকলৰ অসুখ- বিসুখত ঔষধ-পাতি দি সাহায্য কৰিছে আৰু সিহঁতৰ বহুতক তেওঁলোকৰ
ধৰ্মত দীক্ষিত কৰিব পাৰিছে। কিন্তু মাজু বোৱাৰীৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ হৈছে।
মিচ জোন্স নাজানো কি কাৰণত, প্রথমদিনা দেখাৰপৰাই মাজু বোৱাৰীক চকুত
ধৰিছিল। মাথো চকু নহয়, হয়তো
মনতো। মাজু বোৱাৰীৰ নামত পাৰাত এটা বদনামো আছে যে, তাইক এবাৰ দেখিলে ভাল নাপাই থাকিবপৰা নাযায় ৷
মাজু বোৱাৰী সুন্দৰী; কিন্তু সৌন্দৰ্যখিনিয়ে তাইৰ সকলো নহয়
। কোনো কোনো মানুহৰ চকু-মুখত এনেকুৱা বস্তু থাকে, যাৰ কাৰণে তাক দেখা মাত্ৰেই মনটো আনন্দত ভৰি উঠে, ‘তুমি’বুলি সাৱটি ধৰিবলৈ ইচ্ছা জাগে। শ্ৰী, লাৱণ্য, সুষমা-ইয়াৰ
কোনো এটা নাম দি তাৰ মানে বুজাবপৰা নাযায়। তেনেকুৱাই মায়াভৰা মুখমণ্ডল মাজু
বোৱাৰীৰ৷
পাৰাৰ পুৰুষ-মহিলা মাত্ৰেই ক'বলৈ ধৰিলে, এইবাৰ মাগীবোৰে মাজু বোৱাৰীক জখলা কৰি
পাৰাৰ সকলো বৌ-জীক খেৰেস্তান বনাইহে এৰিব৷
প্যাঁকালেৰ মাকৰ চিয়ঁৰ আৰু কন্দা-কটাত
সমগ্ৰ পাৰা সন্ত্ৰস্ত হৈ উঠিল। সেই চিয়ঁৰ কন্দা-কটা দিন-ৰাতিৰ ভিতৰত বিৰাম নাছিল
। কেতিয়াবা সেয়া অচল হৈ সিহঁতৰ ঘৰৰ চোতালৰপৰাই দিগদিগান্তৰে পৰিব্যাপ্ত হ'বলৈ ধৰিলে, কেতিয়াবা আকৌ সচল হৈ চাঁদ সড়কৰপৰা
কুৰ্চিপাৰা- কচিপাৰাৰ পৰা কঠুৰীয়া পাৰা- কাঠুৰীয়া পাৰাৰ পৰা হাট-বজাৰ ঘূৰি-
গীর্জা- মছজিদ প্ৰদক্ষিণ কৰি ফুৰিবলৈ ধৰিলে।
মেম-চাহাবসকলক তাই যি ভাষাত আপ্যায়ন
কৰিবলৈ ধৰিলে তাৰ তুলনা পোৱা টান। ভাগ্যগুণে মেম-চাহাবসকলে আমাৰ বাংলা ভাষাৰ
মোক্ষম গালি-শপনিৰ অৰ্থ নুবজে, বুজিলে
তেওঁলোকে মাজু বোৱাৰীক কান্ধত তুলি সিহঁতৰ ঘৰলৈ বৈ আনি থৈ গ'লহেঁতেন।
কলিকতালৈ প্যাঁকালেক খবৰ পঠোৱা হ'ল। কুর্শি বিশেষ কৰি তাগিদা আৰু
পৰামৰ্শ দিবলৈ ধৰিলে সিহঁতৰ ঘৰলৈ আহি যে, এই সময়ত প্যাঁকালে আহি এটা ধুমধুপাল কাণ্ড সৃষ্টি কৰিব। লাগিলে- সি
যি পুৰুষ, মেম-চাহাবকো
ধৰি আনিব পাৰে ইচ্ছা কৰিলে।
পাৰাৰ মছজিদ মোল্লা চাহাব সিদিনা
মগৰিবৰ নামাজৰ পাছত নিজে উপযাচি আহি প্যাঁকালেহঁতৰ ঘৰত মৌলুদ আৰু তাৰ লগতে বে-ইমান
নাচাৰাসকলৰ বজ্জাতি সম্বন্ধে ওৱাজ-মেহফিলৰ জলসা পাতিলে। পুৰুষ-মহিলাৰ আগমনত ঘৰখন
উথপথপ্ হৈ উঠিল। মৌলুদ আৰু ওৱাজৰ পাছত স্থিৰ হ'ল যে, কাইলৈয়ে
মৌলনা হজৰত পীৰ গজনফৰ চাহাব কেবলা আৰু মৌলনা ৰুহানী চাহাবক এই গোমৰাহ্ বে-দীনহঁতক
নচিহ্নত আৰু প্ৰয়োজন হ'লে
বহচ্ (যুক্তি-তর্ক) কৰাৰ উদ্দেশ্যে আনিবলৈ মানুহ পঠাব লাগিব আৰু তাৰ খৰচ বহন কৰিব
পাৰাৰ মানুহে । প্যাঁকালেৰ মাক সদ্যহতে সিহঁতৰ ঘৰৰ ছাগলীকেইটা বিক্ৰী কৰি পোন্ধৰ
টকা যোগাৰ কৰি দিব। নহ'লে
তাই সমাজত পতিতা হৈ থাকিব লাগিব৷
আনচাৰে সকলো শুনিছিল তাইৰ ভনীয়েকৰ
ওচৰত। ফলত সি বেচ উৎসাহ সহকাৰে ইয়াকে লৈ পাৰাত কি হয় শুনিবলৈ আহিছিল মৌলুদ জলসাত
। সকলো শুনাৰ পাছত এষাৰ কথাও নকৈ নাজিৰ চাহাবৰ ঘৰলৈ উভতি আহিল৷
ঘৰলৈ আহিয়ে ইজি চিয়াৰটোত শুই ক’লে- হে’ৰৌ বুচি, বৰকৈ
মূৰটো বিষাইছে, অলপ
চাহ দিব পাৰিবি?
লতিফাই হাঁহি মাৰি ক'লে- নাই নাই নোৱাৰিম! কি হ’ল ককাইদেউ সিহঁতৰ সভাত, নক’লা যে!
আনচাৰ তিক্তসুৰত কৈ উঠিল- ঘোঁৰাৰ ডিম!
মাজু বোৱাৰী হ'ল
খ্ৰীষ্টান, লাভ
হ'ল পীৰ আৰু মৌলনা
চাহাবহঁতৰ ৷ আৰু মৰাৰ ওপৰত খাণ্ডাৰ আঘাত- বেচাৰি প্যাঁকালেৰ মাকৰ কপালতো এনেয়ে পুৰিছে, যি অলপ-অচৰপ বাকী আছিল- মোল্লা চাহাবে
সেয়া শেষ কৰি গ'ল।
ইয়াৰ পাছত যদি কাইলৈ শুনো যে, প্যাঁকালেহঁতে
ঘৰ-গোষ্ঠী মিলি খ্ৰীষ্টান হৈ গৈছে,
তেনেহ'লে
মই একো নকওঁ। অকনমান ৰৈ আনচাৰ বিষাদগ্ৰস্ত কণ্ঠত কৈ উঠিল- বুজিলি বুচি, প্যাঁকালেৰ মাক ইমানদিন কন্দা-কটা কৰি ফুৰিছে, আজি কিন্তু মৌলুদ চৰিফ হৈ যোৱাৰ পাছত
আৰু মোল্লা-মাতবৰৰ সিদ্ধান্ত শুনাৰ পাছৰপৰা কান্দোন একেবাৰে বন্ধ হৈ গৈছে। আহ্
বেচাৰি ! সেই ছাগলিকেইটাইতো তাইৰ সম্বল- তাই সেইবোৰ বিক্ৰী কৰিব লাগিব। নহ'লে তাইৰ জাত যাব পাৰাৰ লোকৰ ওচৰত!
আনচাৰ বহাৰপৰা উঠি অস্থিৰভাবে পদচালনা
কৰিবলৈ ধৰিলে। লতিফাৰ চকু-মুখৰ দুষ্টালিৰ দীপ্তি কেতিয়া ম্লান হৈ কান্দোন বিজড়িত
হৈ উঠিছে, সেয়া
তাই নিজেও গম পোৱা নাই। তাই হঠাৎ আকুল কণ্ঠত কৈ উঠিল- ককাইদেউ সোণটো, তুমি কাইলৈ এবাৰ মাজু বোৱাৰী আৰু মেম
চাহাবৰ লগত দেখা কৰিব পাৰিবানে?
তোমাৰ ভৰসা পালে তাই খ্ৰীষ্টান হৈ নাথাকে- এয়া মই জোৰ দি ক'ব পাৰো। আমি কিছুদিন হ'ল কৃষ্ণনগৰলৈ আহিছো- ইয়াৰ মাজতে তাইৰ
লগত যিকেইদিন আলোচনা হৈছে তাতে বুজিছো- তাই আৰু যিয়েই নহওঁক কিয়, বেয়া নহয়। তাই বৰ অভিমানিনী। পাৰাৰ
লোকৰ যন্ত্রণাতেই তাই খ্ৰীষ্টান হৈছে। জানা ককাইদেউ, তাই মেম চাহাবৰ ওচৰলৈ অলপ অহা-যোৱা কৰিছিল বুলি পাৰাৰ মানুহে এঘৰীয়া
কৰিব বুলি সদায় ভয় দেখুৱাইছিল। শেষত এনেকৈ বদনাম ৰটিবলৈ ধৰিলে যে, যি বদনাম তাইৰ ওপৰত জপাৰ দৰে মিছা আৰু
একো থাকিব নোৱাৰে । মানুহ দুঃখ অভাৱত পৰিলে নেকি তাৰ এনেকুৱা অধঃপতন হয় সকলো
ফালৰপৰা ?.......
আনচাৰ হুমুনিয়াহ কাঢ়ি নিশাৰ তৰাখচিত
আকাশৰ ফালে চাই থাকিল । তাৰ মাথোন ধাৰণা হ'বলৈ ধৰিলে-সৌ নিশাৰ আকাশৰ দৰেই অসীম দুৰ্বোধ্য ৰহস্য ভৰা এই পৃথিবীৰ
মানুহ ।
লতিফা চাহ বনোৱাৰ কাৰণে যাবলৈ উঠিছিল, আনচাৰ হঠাৎ কৈ উঠিল- সঁচাকৈয়ে বুচি, ক্ষুধার্ত মানুহ- অভাৱ-পীড়িত মানুহৰ
দৰে সকলো ফালৰপৰা অধঃপতিত আৰু কোনো নাই! ভোক আছে বুলিয়ে সিহঁতে মাথোন পৰস্পৰৰ
সৰ্বনাশ কৰে । দুমুঠি অন্নৰ অভাৱত সিহঁতৰ আত্মা আজি সকলো ফালৰপৰা নিস্তেজ। তই
নুবুজি বুচি, সিহঁতৰ
অভাৱ কিমান অতল গভীৰ, সিহঁতৰ
দুখ কিমান অপৰিমেয় ! মই দেখিছো,
এই হতভাগ্যহঁতৰ দুৰ্দশাৰ দৈনন্দিন ঘটনা- যাৰ ফলত মোৰ মুখৰ অন্ন ইমান
তিতা হৈ উঠিছে। এমুঠি দালিসনা ভাত যেতিয়া খাওঁ, তেতিয়া ডিঙিৰ সিপাৰে যেন পাৰ হ'ব নুখুজে, আটকি
যায় ! ধাৰণা হয়, আকাশৰ
সৌ তৰাৰ দৰেই ক্ষুধার্ত চকু মেলি কোটী কোটী নিৰন্ন নৰ-নাৰী মোৰ এই এগৰাহ ভাতৰ ফালে
চাই আছে । সিহঁতৰ দুখ তই নুবজিবি,
বুচি। দুমুঠি অন্নৰ কাৰণে মেত্ৰৰ হৈ তহঁতৰ ঘৰৰ- বাহিৰৰ সকলো ময়লা
মূৰত তুলি বৈ লৈ যায় ৷ মেত্ৰণী হৈ- ভোৰ হোৱাৰ আগতেই তহঁতৰ শৰীৰৰ ময়লা দুহাতেৰে
পৰিস্কাৰ কৰে বাটে বাটে। সিহঁতৰ কথা নক’বি
বুচি, অন্ততঃ মোৰ আগত
সিহঁতক দুষিবি কেতিয়াও । তইতো মা,
তই বিশ্বাস কৰিবিনে,
যে, ভোকৰ
তাড়নাত মাকে তাইৰ পুতেকৰ হাতৰপৰা কাঢ়ি খাইছে। নিজৰ ল'ৰা-ছোৱালীক নৰবলিৰ কাৰণে বিক্ৰী কৰিছে
এমুঠি অন্নৰ কাৰণে। আল্লাহই তোক সুখত ৰাখক, কিন্তু ভোকৰ জ্বালা যে কি, সেয়া যদি এটা দিনৰ কাৰণেও বুজিলিহহঁতেন, তেনেহ'লে পৃথিবীৰ পাপীক ঘৃণা কৰিব নোৱাৰিলিহেঁতেন ! শুনিবি এটা সত্য ঘটনাৰ
কথা?
লতিফাই চকুত হাত দি আতকণ্ঠত কৈ
উঠিল-দোহাই লাগে ককাইদেউ, তোমাৰ
দুভৰিত পৰো, আৰু
নক’বা, মোৰ উশাহ-নিশাহ বন্ধ হৈ আহিছে!
তাই খৰধৰ কৰি ঢলংঢপংকৈ উঠি গ'ল।
আনচাৰে হাঁহি মাৰি ক'লে- তোৰ সুখৰ অন্নক এইদৰে বিযোৱাটো ভাল
হোৱা নাই, বুচি।
থাওঁক বাৰু, কাইলৈয়ে
মই সঁচাকৈ মাজু বোৱাৰী আৰু মিচ জোন্সৰ লগত দেখা কৰিমহি...!
পাছদিনা ৰাতিপুৱা চাহ খাওঁতে নাজিৰ
চাহাব আনচাৰক ক’লে-
হেৰি, আজি নেকি
চিকাৰলৈ ওলাবা? চোৱা
দাদা, বাঘিনীৰ ওচৰলৈ
গৈ আছা মনত ৰাখিবা!
আনচাৰে হাঁহি মাৰি ক'লে- মই চিকাৰ কৰিবলৈ যোৱা নাই, বেকুফ, মই গৈ আছো সুন্দৰবনৰ বাঘক- সুন্দৰবনলৈ ওভতাই অনাৰ বাবে, সভ্য চিকাৰীৰ ফান্দৰপৰা ৰক্ষা কৰিবলৈ।
নাজিৰ চাহাবেও হাঁহি মাৰি ক'লে- বেলেগ চিকাৰীৰ হাতৰপৰা বচাই শেষত
নিজৰ বাণ নাহানিবা কিন্তু। চোৱা,
তাই বৰ শক্ত বাঘিনী বুজিলা, শেষত বাঘিনীয়েই তোমাক চিকাৰ নকৰে যেন।
আনচাৰ লতিফাৰ ফালে তেৰেচীয়াভাবে চাই
সামান্য নিম্নসুৰত ক'লে-
ৰক্ষা কৰা ভাই, বাঘৰ
পোৱালি পুহিবলৈ চখ এতিয়াও হোৱা নাই মোৰ, এয়া মোৰ বাঘ চিকাৰ নহয়, এয়া মাথো কষ্ট স্বীকাৰ ৷
নাজিৰ চাহাবে সামান্য জোৰেই হাঁহি মাৰি
ক'লে- তোফা ! তোফা
! হেৰা, আৰু একাপ চাহ দি
যোৱা তোমাৰ ৰসৰাজ ভাইটিক। কিন্তু দাদা, বাঘিনীৰ ধৰাচোন পোৱালি আছে, কিন্তু সেই সিংহিনী- যিজনীয়ে তোমাক ঘৰলৈ লৈ গৈছিল?
আনচাৰে হাঁহি মাৰি ক'লে- তাইক সিংহিনী নক’বা মূৰ্খ, তাই নীলা শিয়ালী। হয়, তাইৰ ওচৰত মই অকনমান সাৱধান হৈয়ে যাব লাগিব । সিহঁতৰ নখ-দন্তক ভয়
নকৰো, ভয় কৰো সিহঁতৰ
ধূর্তালিক। মিচনাৰিৰ মেম!
নাজিৰ চাহাবে ফোঁচ কৰি দীর্ঘনিশ্বাস
এৰি ক'লে- বাপৰে
মিচনাৰি! এনেয়ে মিচ, তাতে
আকৌ নাৰী। উঃ! এটা ‘মিচ
ফচুন' হৈ নগ'লেই হ'ল আজি । আই মীন, ফ্ৰচুন
ফৰ মিচ।
লতিফাই ধমকি দি কৈ উঠিল- মোৰে শপত !
তুমি আৰু ৰসিকতা কৰিব নালাগে । বৃদ্ধ বয়সত এওঁৰ ৰস উথলি উঠিছে! তোমাৰ আজি হ'ল কি কোৱাচোন?
আনচাৰে হাঁহি মাৰি ক'লে- বুজিলি বুচি, এওঁৰ হিংসা হৈছে! মেম চাহাবৰ লগত
অকনমান আলাপ কৰিব গৈ, এতিয়া
আৰু এওঁৰ সহ্য হোৱা নাই। তই থাকোঁতেতো এওঁৰ আৰু সেইফালে যোৱাৰ ভৰসা নাই!
লতিফা উঠি যাওঁতে ক'লে- মই আজিয়ে এৰাল এৰি দিবলৈ সাজু আছো, ককাইদেউ, কিন্তু ভয় নাই, এওঁক
কোনেও স্পৰ্শও নকৰে।
নাজিৰ চাহাব উঠি যাওঁতে ক'লে- প্রেতিনীয়ে ছুলে আৰু বেলেগ
কোনোবাই ছুবলৈ সাহস কৰে জানো !
আনচাৰ বহাৰপৰা উঠি ক'লে- তোমালোকে এতিয়া কলহ কৰি থাকা, মই গ'লো।.........
* * *
গীৰ্জালৈ গৈ আনচাৰ শুনিলে, মিচ বাবাসকলৰ লগত দেখা কৰাৰ নিয়ম নাই।
কিন্তু সিও এৰি দিয়া ভকত নহয় । পাদ্রী চাহাবৰ লগত এঘণ্টামান তৰ্কৰ পাছত তেওঁলোক
এই চৰ্তত ৰাজি হ'ল
যে, হেলেন ওৰফে মাজু
বোৱাৰীক আনচাৰ মাথোন সুধিব, তাই
স্বইচ্ছাত খ্ৰীষ্টান হৈছে নে নাই। তাইক প্রলোভন দেখুৱাই বা বেলেগ কোনো উপায়ে যে
মিচনাৰীসকলে খ্ৰীষ্টান কৰা নাই,
এই সম্বন্ধেও আনচাৰ যি ইচ্ছা তাকে সুধিব পাৰিব। অৱশ্যে আনচাৰৰ খদ্দৰৰ
আধিক্য আৰু আন্দোলনকাৰী হিচাপে পৰিচয় থকাৰ কাৰণেই এই সুযোগখিনি পালে। আনচাৰেও
চাহাবক স্পষ্টভাবে ক’লে-
চাওঁক পাদৰী চাহাব, মই
গ্রাম্য মৌলবী নহয় যে, ধমকি
মাৰি খেদি দিব। মাজু বোৱাৰী যদি স্বেচ্ছায় তোমালোকৰ ধৰ্ম গ্ৰহণ কৰি থাকে, মই একো নকওঁ। আৰু যদি কোনো উপায়ে তাইৰ
সৰ্বনাশ কৰিছা, তেনেহ'লে ইয়াকে লৈ দেশময় এটা হৈ-চৈ সৃষ্টি
কৰি দিম।
চাহাব সামান্য ভয় খাই ক'লে- নো মিষ্টাৰ! আপুনি যথেচ্ছা প্ৰশ্ন
কৰক আমাৰ ভগ্নী হেলেনক, অঠাৎ
ভূটপূর্ব মাজু বোৱাৰীক । ডেখিব,
টাইক স্বয়ং ঈশ্বৰ ছটপটত মাটিছে। আমি একো নহয়!
আনচাৰ মনে মনে চাহাবৰ ছটপটৰ নিন্দা কৰি
ক'লে- চাহাব, এতিয়া অকনমান মাতিব পাৰা নেকি শ্ৰীমতী
হেলেনক?
চাহাবে নিজে উঠি গৈ খন্তেক পাছতে মিচ
জোন্স আৰু মাজু বোৱাৰীক লৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে ।
আনচাৰ চিয়াৰৰপৰা উঠি হাত আগবঢ়াই ক'লে- গুড মৰ্ণিং মিচ জোন্স! গুড মৰ্ণিং
মিচ- আই মীন মিচেচ হেলেন !
মিচ জোন্স স্মিত হাঁহি মাৰি আনচাৰৰ লগত
হেণ্ডশ্বেক্ কৰিলে, কিন্তু
মাজু বোৱাৰী বেচাৰি লাজত ইমানখিনি হৈ আধোবদনে থিয় দি থাকিল। মিচ জোন্সৰ সৰোষ
ইংগিতেও তাইক কোনোমতেই নমস্কাৰো কৰোৱাব নোৱাৰিলে।
মাজু বোৱাৰীয়ে আনচাৰক জানিছিল আৰু বেচ
ভালদৰেই জানিছিল। বহুদিন আঁতৰৰ পৰাই তাক সিহঁতৰ ঘৰৰ আগেদি দৃপ্ত চৰণে অহা-যোৱা
কৰাৰ সময়ত বেৰৰ ফাঁকেৰে প্ৰত্যক্ষ কৰিছে। এনেয়ে কিয় জানো তাইৰ ভাল লাগিছিল এই
অদ্ভুত মানুহজনক। বহুদিন তাই বিনা কাৰণত লতিফাৰ ওচৰলৈ গৈ বহিছে এই মানুহজনক দেখাৰ
কাৰণে- এওঁৰ জীৱনৰ অদ্ভুত অদ্ভুত গল্পবোৰ শুনাৰ কাৰণে। এওঁ যেন আলেফ-লায়লা
কাহিনীৰ বাদচাহজাদা, যেন
পুথিৰ হৰমুজ, মনু-চেহেৰ!
আজি তেওঁকে সন্মুখত দেখি মর্মাহত সৰ্পিনীৰ দৰে তাই মাথোন মুখ লুকাবলৈ চেষ্টা
কৰিবলৈ ধৰিলে।
আনচাৰে মাজু বোৱাৰীক ছাঁৰ দৰে ক'ৰবাত দুই এবাৰৰ কাৰণে দেখিছে হয়তো !
আৰু দেখিলেও তাৰ মনত নাই। তাৰ কর্মময় জীৱনত নাৰীমুখ চিন্তা কৰাতো দূৰৰে কথা, দেখাৰো অৱসৰ পোৱা নাই। সি জানে মাথোন কার্ল-মার্ক্স, লেলিন, ট্রট্চকি, স্টেলিন, কৃষক, শ্রমিক, পৰাধীনতা, অর্থনীতি। পীড়িত মানবাত্মাৰ কাৰণে
বেদনাবোধৰ বাহিৰেও যে বেলেগ ধৰণৰ মৰ-বেদনাবোধ থাকিব পাৰে- এই প্রশ্ন তাৰ মনত উদয়
হৈছে মাথোন সিদিনা। নাৰীক সি অশ্রদ্ধাও নকৰে । নাৰীৰ প্ৰতি তাৰ কোনো আকর্ষণো নাই। নাৰী সম্বন্ধে সি
উদাসীন মাথোন।
আজি সেই মুক্ত অৱগুণ্ঠিতা মাজু বোৱাৰীক
প্রথম চকু মেলি চাই দেখিলে । তাইক দেখামাত্ৰকে তাৰ যেন হঠাৎ ধাৰণা হ’ল, এওঁৰ যেন ক'ৰবাত
ৰুবীৰ লগত সাদৃশ্য আছে। ৰুবীৰ কথা মনত পৰাৰ লগে লগে বুকুৰ কোনোবা এক কোমল পর্দাত
যেন জোকাৰ খালে। আনচাৰ কিবা যেন অস্বস্তিবোধ কৰিবলৈ ধৰিলে।
মিচ জোন্সে ইংৰাজীত ক’লে- ধাৰণা হৈছে আপুনি এওঁক নিচিনে।
চিনিলে বেলেগৰ কথা শুনি এওঁৰ ওচৰলৈ নাহিলহেঁতেন।
আনচাৰেও ইংৰাজীতে ক'লে- এওঁক জানো, কিন্তু অৱশ্যেই নিচিনো। ভয় নাই, মই এওঁক ওভতাই নিবলৈ অহা নাই, মাথোন জানিবলৈ আহিছো, এওঁ স্বেচ্ছায় খ্রীষ্টান হৈছে নে নাই।
আশা কৰো এই প্ৰশ্ন কৰিলে, আপোনালোক
ক্ষুব্ধ নহ'ব ।
মিচ জোন্সে টেলিগ্ৰামৰ সুৰৰ দৰে মিহি
কোমল তীক্ষ্ণ কণ্ঠত ক’লে-
কেতিয়াও নহয় ! আপুনি আনায়াসে সুডিব পাৰে ।
ধন্যবাদ জনাই আনচাৰ প্রকম্পিতা প্রায়
মাজু বোৱাৰীৰ ফালে ঘূৰি সুধিলে- বাৰু কওঁকচোন, আপোনাৰ হঠাৎ খ্ৰীষ্টান হোৱাৰ কাৰণ কি?
মাজু বোৱাৰী তাইৰ অনুন্নত নয়ন আনচাৰৰ
মুখৰ ফালে তুলি ধৰি আকৌ নমাই লৈ ক'লে-
মইতো হঠাৎ খ্ৰীষ্টান হোৱা নাই।
আনচাৰে হাঁহি মাৰি ক'লে- তাৰ মানে, আপুনি অলপ অলপ কৰি খ্ৰীষ্টান হৈছে, তাকে ক'ব বিচাৰে নেকি?
মাজু বোৱাৰী তাইৰ যাদুভৰা হাঁহি মাৰি ক'লে- অৱশ্যে নহয় ! আপোনালোকে অলপ অলপ
কৰি মোক খ্ৰীষ্টান বনাইছে।
আনচাৰ তাৰ বিস্ময় বিস্ফাৰিত চকুৰে এই
ৰহস্যময়ী নাৰীৰ ফালে বহু সময় চাই থাকিল। তাৰ পাছত সহানুভূতিপূর্ণ কণ্ঠত ক’লে- বুজিছো, আমাৰ ধৰ্মান্ধ সমাজ কিমান অধিক অত্যাচাৰ
কৰি আপোনাৰ দৰে মহিলাকো খ্ৰীষ্টান হ'বলৈ বাধ্য কৰাইছে ।
দুঃখিনী মাজু বোৱাৰীৰ দুচকু এই দুষাৰ
দৰদভৰা কথাতে অশ্ৰুৰে ভৰি পৰিল। খন্তেক পাছতে দুগাল বৈ অশ্ৰুৰ ফোটা টপ্ টপ্কৈ সৰি
পৰিবলৈ ধৰিলে।
মিচ জোন্স আৰু পাদৰী চাহাবৰ নিমিষতে
দৃষ্টি বিনিময় হৈ গ'ল।
সেয়া আনচাৰৰ চকু এৰাই নগ'ল।
মিচ জোন্সে কিবা কোৱাৰ আগতেই আনচাৰ কৈ
উঠিল- ভয় নকৰিব, মই
আমাৰ হৃদয়হীন সমাজত এই ফুলৰ প্ৰাণক লৈ গৈ শুকাই মাৰিব খোজা নাই। মোৰ মাথোন এটাই
অনুৰোধ, এওঁক আপোনালোকে
মানুহ কৰি তুলিব। তেনেহ'লে
বহু মানুহৰ কল্যাণ সাধন হ’ব
এওঁৰদ্বাৰা।
মিচ জোন্স আৰু পাদৰী চাহাব উভয়ে
অতিমাত্ৰা আনন্দিত হৈ ক'লে-
চাওঁক বাবু, এওঁৰ
কাৰণেই – এই মানুহৰ
মুক্তিৰ কাৰণেইতো আমাক যীশুই প্ৰেৰণ কৰিছে। আপোনাক ডন্যবাড, খ্রীষ্টান হোৱাৰ আগৰে পৰাই আমি হেলেনক
যাচি যাচি ভাল ভাল কাম শিকাইছো।
মাজু বোৱাৰী হঠাৎ অশ্রুসিক্ত কণ্ঠত কৈ
উঠিল- মই আপোনাৰ লগত দেখা কৰিব পাৰিম নেকি, যদি কেতিয়াবা ইচ্ছা জাগে? কৈয়ে তাইৰ অশ্রুসিক্ত চকুযুৰি পূজাৰিণীৰ ফুলৰ দৰে আনচাৰৰ ফালে তুলি
ধৰিলে।
আনচাৰৰ বুকু যেন দোল খাই উঠিল। এওঁ কোন
মায়াবিনী? সি
তৎক্ষণাৎ কৈ উঠিল-নিশ্চয়, যেতিয়া
ইচ্ছা দেখা কৰিব পাৰে। মোক আপোনাৰ কোনো ভয় নাই। আপোনাৰ এই ধৰ্ম পৰিৱৰ্ত্তনত মই
সামান্যতমো দুঃখিত হোৱা নাই। আপোনাৰ দৰে মহিলাক যোগ্য স্থান প্ৰদানৰ ঠাই আমাৰ এই
অৱৰোধ বেষ্টিত সমাজত নাই।...... সেয়া মই আপোনাক দেখি আৰু দুটামান কথা শুনিয়ে
উপলব্ধি কৰিব পাৰিছো। কৈয়ে খন্তেক ৰৈ পুনৰ ক'লে- আপুনি যি ধৰ্মত থাকি শান্তি লাভ কৰিব পাৰে, কৰক, মোৰ মাথোন এটাই প্ৰাৰ্থনা, আপোনাৰ চৌপাশৰ এই হতভাগ্যহঁতক পাহৰি নাযাব- আপোনাৰ হাতেৰে যদি সিহঁতৰ
এজনৰ দুঃখও দূৰ হয়- তেনেহ'লে
মোতকৈ অধিক আনন্দিত হয়তো বেলেগ কোনেও নহ'ব। আপোনাৰ দৰে সাহসী মহিলা পালে যে কিমান কাম কৰিবপৰা যায় !
মাজু বোৱাৰীয়ে তাইৰ চকু-পানী মচি
আৰ্দ্ৰকণ্ঠত ক’লে-
মোক দি আপোনাৰ কোনো কামত যদি সাহায্য হয়, মোক জনাব, মই
সকলো কৰিব পাৰিম আপোনাৰ কাৰণে! কিন্তু এই ‘আপোনাৰ' কথাষাৰ
হয়তো তাইৰ অগোচৰেই ওলাই গৈছে। এই কথাষাৰ কোৱাৰ পাছতেই তাইৰ চকু-মুখ লাজত ৰঙা হৈ
উঠিল৷
আনচাৰৰ ধৰাণা হ’ল, সি যেন কেনোবা নদী আৰু সাগৰৰ মোহনাত উত্তাল তৰংগৰ মাজত আহি পৰিছে ।
সি তৎক্ষণাৎ বহাৰপৰা উঠি ক’লে-
মোক হয়তো আপুনি ভালদৰে নিচিনে,
লতিফা মোৰে ভনী। যদি তালৈ কোনোদিন যায়, মোৰ সকলো কথা জানিব পাৰিব। আৰু দেখাও
তাতে কৰিব পাৰিব- ইচ্ছা কৰিলে ।
মাজু বোৱাৰীয়ে ওঁঠৰ হাঁহি হেঁচি ধৰি ক'লে- আপোনাক মই ভালদৰেই জানো ৷ মই তালৈ
গৈয়ে দেখা কৰিম। কিন্তু তালৈ যাবলৈ দিবতো খ্ৰীষ্টানীক?
আনচাৰে কোনো উত্তৰ দিয়াৰ আগতইে মাজু
বোৱাৰীৰ ল'ৰা-ছোৱালীহাল
দৌৰি আহি মাকক সাৱটি ধৰি কৈ উঠিল- মা, তই ইয়ালৈ আহিছ আৰু আমি বিচাৰি বিচাৰি মৰিছো?
মাজু বোৱাৰীয়ে সিহঁতৰ মূৰত হাত বুলাই
আৰ্দ্ৰকণ্ঠত ক’লে-
এই দুটাই মোৰ শত্ৰু। ইয়ালৈ আহি তথাপি দুবেলা দুমুঠি খাবলৈ পাইছো। ইহঁতৰ লঘোণ সহ্য কৰিব নোৱাৰিয়ে
মই ইয়ালৈ আহিছো৷
আনচাৰে তাৰ বলিষ্ঠ বাহুৰে মাজু বোৱাৰীৰ
ল'ৰা-ছোৱালী দুটাক
একেবাৰে তাৰ বুকুত সাৱটি ধৰি চুমা খাই ক’লে- তহঁতে কি খাবলৈ ভাল পাৱ, ক’চোন!
দুই শিশু মিলি উচ্চকণ্ঠত যিবোৰ ভাল বস্তুৰ তালিকা দিলে, সেয়া শুনি কোঠালিৰ ভিতৰৰ আটায়ে হাঁহি
উঠিল। কিন্তু হাঁহিলেও আনচাৰৰ এই ব্যৱহাৰত আটাইৰে বিস্ময়ৰ সীমা নাথাকিল ৷ অতি
সামান্য ঘৰৰ ল'ৰা-ছোৱালীক
কোলাত লৈ সভ্ৰান্ত শিক্ষিত যুৱক এজনে ইমান সহজভাবে চুমা খোৱাটো সিহঁতে দেখিও যেন
বিশ্বাস কৰিবলৈকে টান পালে।
যাদুকৰি মাজু বোৱাৰীৰ ধাৰণা হ'বলৈ ধৰিলে, তাইৰ ইমানদিনৰ ইমান অহংকাৰ আজি যেন
ধূলিত লুটি খাই পৰিল। তাইক শ্ৰদ্ধা কৰাৰ দৰে মানুহো আছে পৃথিবীত! সি তাইতকৈও ডাঙৰ
যাদুকৰ। আৰু মাথোন ইচ্ছা জাগিবলৈ ধৰিলে, দুহাতেৰে, এই
বলিয়াৰ ভৰিৰ ধূলি লৈ চকু-মুখত সানি ধন্য হ'বলৈ, কিন্তু
লাজত সেয়া কৰিব নোৱাৰিলে। আৰু বেলেগ কোনোবা নাথাকিলে হয়তো তাই সঁচাকৈয়ে সেয়া
কৰি পেলালেহেঁতেন।
শ্ৰদ্ধা, কৃতজ্ঞতা আৰু তাতোকৈ অতিৰিক্ত কিহবাই তাইৰ চকুযোৰক সুন্দৰতৰ কৰি
তুলিলে। তাইৰ সমগ্ৰ মুখমণ্ডলত যেন কিহৰ আভা জল্ কৰি উঠিল ৷
আনচাৰে দুচকুৰ পৰিপূৰ্ণ দৃষ্টিৰে সেই
মাধুৰী যেন ক্ষুধাতৰ দৰে পান কৰিবলৈ ধৰিলে। কিন্তু পাছমুহূৰ্ততে সি সচকিত হৈ মাজু
বোৱাৰীৰ ল'ৰা-ছোৱালীহালৰ
হাতত দুটামান টকা গুজি দি ক'লে-
এতিয়া যাওঁ। এইদৰে কৈয়ে আটায়েৰে লগত ‘হেণ্ডশ্বেক’ কৰি
ওলাই গ'ল।
আশ্চর্য, এইবাৰ মাজু বোৱাৰীও হেণ্ডশ্বেকৰ কাৰণে সলজ্জ হাঁহি মাৰি হাত আগবঢ়াই
দিছিল! আনচাৰৰ উষ্ণ কৰস্পৰ্শত তাইৰ সমগ্ৰ শৰীৰত যেন তড়িৎ প্রবাহ বৈ গৈছিল। ধাৰণা
হ'বলৈ ধৰিলে, এই নিমষৰ স্পৰ্শৰ বিনিময়ত তাই আজি
ভিখাৰিণী হৈ গ'ল !
সি তাইৰ সৰ্বস্ব লুটি লৈ গ'ল।
মিচ জোন্স আৰু পাদ্ৰী চাহাব এইবোৰ
লক্ষ্য কৰি আছিল । এইবাৰ পাদ্ৰী চাহাব অলপ অসহিষ্ণু হৈয়ে মাজু বোৱাৰীৰ ল'ৰা-ছোৱালী দুটাক আদেশৰ সুৰত ক'লে- এই! টোমালোকে সেই টকা এতিয়াই
ঘূৰাই ডি আহাগৈ ৷
লগে লগে মাজু বোৱাৰী কৈ উঠিল- নাই নাই, তহঁত গুচি আহ। তহঁতে ঘূৰাই দিব নালাগে।
এইদৰে কৈয়ে ল'ৰা-
ছোৱালী দুটাৰ হাতত ধৰি তায়ো ওলাই গ'ল।
পাদ্ৰী চাহাব বজ্ৰাহতৰ দৰে কিছু সময়
থিয় দি থাকিল । তাৰ পাছত মিচ জোন্সক ইংগিতেৰে মাতি বহু পৰামৰ্শৰ পাছত স্থিৰ হ'ল, মাজু বোৱাৰীক সোনকালে বেলেগ ক'ৰবালৈ পঠিয়াই দিব লাগিব৷
মাজু বোৱাৰী ৰাস্তাত থিয় হওঁতেই
দেখিলে, এপাল ল'ৰা-ছোৱালী লৈ আনচাৰ বিস্কুট কিনিছে
সন্মুখৰ দোকানৰপৰা ৷ তাই সামান্য হাঁহিলে, সেই যাদুভৰা হাঁহি। তাৰ পাছত যাওঁতে যাওঁতে ক'লে- কালি সন্ধিয়া ঘৰত থাকিব, মই যেনেকৈয়ে পাৰো যাম।
আনচাৰে হাঁহি মাৰি ক'লে- ধন্যবাদ, মিচেচ হেলেন।
মাজু বোৱাৰীয়ে তিৰস্কাৰভৰা চাউনি হানি
গুচি গ'ল।
আনচাৰৰ যাওঁতে যাওঁতে ধাৰণা হ’ল, এই ধৰণীৰ দুঃখ-বেদনা-অভাৱ- সকলো যেন সুন্দৰ সুমধুৰ ! এই পৃথিবীত দুঃখ
বোলা কোনো বস্তুৱে নাই, সেয়া
যেন আনন্দৰে বেলেগ এটা দিশ। মদিৰাৰ দৰে ইয়াৰ আনন্দ তিক্ত জ্বালাময়। এই মদিৰা
যিসকলে পান কৰিছে, সিহঁতৰ
আনন্দ সুখী মানৱে কল্পনাও কৰিব নোৱাৰে । তাৰ পকেট খালী কৰি সি আজি ৰাস্তাৰ ল'ৰা- ছোৱালীক বিস্কুট বিলাবলৈ ধৰিলে। এই
মলিয়ন কৃষ্ণকায় ল'ৰা-ছোৱালী-
সিহঁত সিহঁতৰ ধুনীয়া মাকৰ সন্তান। সৌযে তিৰোতাজনী তাক দেখি ঘোমটা টানি গুচি গ'ল, কি অপৰূপ সুন্দৰী তাই! এই পৃথিবীখন যেন সুন্দৰৰ মেলা। মনত পৰিল এনেকুৱাই
সুন্দৰী- তাতকৈও অধিক সুন্দৰী ৰুবীক— মেজ বৌক ।
তাৰ দুচকুত দুটা তৰা- প্রভাতী তৰা, সন্ধ্যা তৰা- ৰুবী আৰু হেলেন, হেলেন আৰু ৰুবী!...
সি মানুহৰ কাৰণে সর্বত্যাগী হ'ব, সকলো দুঃখ মূৰ পাতি সহ্য কৰিব, সিহঁত দুঃখী, পীড়িত
বুলি নহয়, সুন্দৰ
বুলি । এই বেদনাবোধ মাথোন ভাবৰ নহয়, ‘আইডিয়া’ৰ নহয়, এই
বোধ প্ৰেমৰ, ভালপোৱাৰ।*
বিছ
পাছদিনা সন্ধিয়াৰ অন্ধকাৰ যেতিয়া
ভালদৰে গাঢ় হৈ উঠিছে, তেতিয়া
মাজু বোৱাৰী শৰীৰত উত্তমৰূপে কাপোৰ মেৰিয়াই নাজিৰ চাহাবৰ ঘৰৰ ফালে ৰাওণা হ'ল । কিবা যেন ভয়, কিবা যেন লজ্জাই তাইৰ ভৰি দুটাক একোতেই
মাটিৰপৰা দাঙিবলৈ দিয়া নাই। গাঢ় অন্ধকাৰৰ পূৰঠ আৱৰণেও যেন তাইৰ লজ্জা ঢাকি
ৰাখিবপৰা না ।
নাজিৰ চাহাবৰ গৃহৰ দুৱাৰমুখলৈ আহি হঠাৎ
আনচাৰৰ সুৰত চকিত হৈ তাইৰ ধাৰণা হ'ল, তেতিয়াই তাই দৌৰি পলাব পাৰিলে যেন
পৰিত্ৰাণ পায়। তাইৰ আজিৰ এই পৰিপাটি কেশ বিন্যাস যেন তাইৰ নিজৰ চকুতে আটাইতকৈ
বিসদৃশ- লাজৰ কাৰণ বুলি ধাৰণা হ'ল ।
কিন্তু তেতিয়া আৰু উভতিবৰ উপায় নাছিল ।
আনচাৰৰ দৃষ্টি অনুসৰণ কৰি লতিফাই মাজু
বোৱাৰীক দেখা মাত্ৰেই লৰি আহি তাইৰ হাতত ধৰি ভিতৰলৈ লৈ গ'ল। লতিফাই একো ক'ব নোৱাৰিলে, মাথোন তাইৰ চকু কিয় যেন চল্চলীয়া হৈ
উঠিল। মাজু বোৱাৰীও তাইৰ অশ্ৰু আৰু গোপনে ৰাখিব নোৱাৰিলে৷
আনচাৰে উদাসভাবে হয়তো অন্ধকাৰ আকাশৰ
লিপিত তৰাৰ লেখা পঢ়িবলৈ যত্ন কৰি আছিল ৷
প্রয়োজন নাথাকিলেও নাজিৰ চাহাব লতিফাৰ
হুকুমত বাহিৰলৈ ওলাই যাব লগা হ'ল।
বহু সময় নিঃশব্দে পাৰ হ'ল ৷ মাথোন লতিফাৰ কৰতলগত হৈ মাজু
বোৱাৰীৰ উষ্ণ কৰতল পীড়িত হ'বলৈ
ধৰিলে। সেয়া যেন হাতে হাতে কথা কোৱা ।
লতিফাই আৰ্দ্ৰকণ্ঠত সুধিলে- তোমাৰ ল'ৰা-ছোৱালীহালক নানিলা দেখোন?
মাজু বোৱাৰীয়ে পুৰণি মধুৰ হাঁহি মাৰি
ক'লে-নাইনাই, তেনেহ'লে বহিবলৈ দিলেহেঁতেন জানো? এতিয়ালৈকে আইতাৰাৰ ওচৰলৈ যোৱাৰ কাৰণে কন্দা-কটা আৰম্ভ কৰি
দিলেহেঁতেন। কৈয়ে খন্তেক ৰৈ পুনৰ ক'লে- কি ভয়ে ভয়েই যে আহিছো, বাইদেউ ! গৃহৰ ওচৰলৈ আহি ভৰি যেন আৰু উঠিবই নুখুজে।
এইবাৰ আনচাৰ কৈ উঠিল- সেইবোৰ যাবলৈ দিয়ক, আপোনাৰ যে সাহস আছে সেয়া ক’বই লাগিব । মইতো ভাবিছিলো, আপুনি আহিবই নোৱাৰিব।
লতিফাই হাঁহি মাৰি ক'লে- দোহাই তোমাৰ ককাইদেউ, এওঁক আৰু আপুনি বুলি সম্বোধন কৰি লাজ
নিদিবা। তাৰ পাছত মাজু
বোৱাৰীৰ ফালে ঘূৰি ক'লে-
কি ভনী, তুমি বোধকৰো
মোতকৈ দুই-এবছৰৰ সৰু হ'বা, নহয়নে?
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- মই হয়তো তোমাৰ ডাঙৰ বাইদেৱতকৈও
দুই-এবছৰৰ ডাঙৰে হ'ম।
আনচাৰে হাঁহিমাৰি ক'লে- তোমালোকৰ বয়সৰ হিচাপ পাছতেই নহ'লে কৰিবা দাঁত-টাত চাই। এতিয়া কামৰ
কথালৈ আহা ।
মাজু বোৱাৰীয়ে সামান্য নিম্নসুৰত ক'লে-কিন্তু কামৰ কথা কোৱাৰ সময়ত
কাৰোবাৰ যদি দাঁত বাহিৰ হৈ বয়স ধৰা পৰি যায়?
আনচাৰে হাঁহিমাৰি ক’লে- বাৰু, মোৰ অপৰাধ হৈছে।
এতিয়া কোৱাচোন তোমাৰ মতলব কি? কি
কৰিবা তুমি ?
মাজু বোৱাৰীয়ে ভৰিৰ নখেৰে মাটি খুঁচৰি
তলমুৱা হৈ ক'লে-
কৰিম আৰু কি? মোৰ
যি কৰিব লগা আছিল, সেয়াতো
এতিয়া নিৰ্ধাৰণ কৰি দিব সৌ চাহাব-মেমসকলে। তেওঁলোকে হয়তো কাইলৈয়ে মোক বৰিশাললৈ
বদলি কৰিব।
লতিফা হয়তো প্রয়োজনতকৈ অধিক জোৰেই
মাজু বৌৰ হাতত টিপা মাৰিছিল; মাজু
বোৱাৰী ‘উঃ’ কৰি উঠিল। লতিফা হাঁহিমাৰি ক'লে- ইমান সামান্যতে তোমাৰ ইমান অধিক
লাগে? তেনেহ'লে তুমি তোমাৰ এই চিৰদিনৰ ভেটি এৰি থৈ
যাবা কেনেকৈ? তদুপৰি, তুমি দাৰোগা বা মুন্সেফ নেকি যে তোমাক
বদলি কৰিব?
মাজু বোৱাৰীয়ে বেলেগ এক ধৰণৰ সুৰত ক'লে- দাৰোগা, মুন্সেফ নহওঁ ভনী, চোৰাই মাল৷ বদলি কথাটো ভুল কৈছিলো, সাৱধানীৰ মৰণ নাই, সেয়ে সামান্য চম্ভালি ৰাখিছে আগৰ
পৰাই।
লতিফাই হাঃ হাঃকৈ হাঁহি মাৰি ক'লে- এতিয়াৰ পৰাই চোৰে-টোৰে ঘৰৰ বেৰ
কাটিবলৈ আৰম্ভ কৰিছে নেকি? কৈয়ে
লাজ পাই সপ্রতিভ হোৱাৰ ভাও জুৰি উঠি যাওঁতে ক'লে- অলপ বহা, মই
অকনমান চাহ বনাই আনোগৈ ৷ নহ'লে
এই মানুহজনৰ মেজাজ তিনিদিন পানীত তিয়াই ৰাখিলেও কোমল নহ'ব।
লতিফা উঠি গ'ল ৷ মাজু বোৱাৰী নগ'ল, নাইবা উঠি যোৱাৰ চেষ্টাও নকৰিলে । তাইৰ আটাইতকৈ অস্বস্তিৰ কাৰণ হৈ
উঠিল সিদিনা ধুনীয়াকৈ কাপোৰ পিন্ধাৰ ঢঙটো। তাই বুজিব পাৰিছিল, তাই যত্ন কৰি বে-তিল গালত অঁকা কাজলৰ
তিলটোও যেন আনচাৰ লক্ষ্য কৰিছে।
আনচাৰ হঠাৎ কৈ উঠিল- তুমি মোৰ কথা
ৰাখিবা ?
মাজু বোৱাৰীয়ে প্ৰথমতে সন্মতিসূচক মূৰ
জোকাৰিলেও; কিন্তু
পাছমুহূর্তেই লাজ মিহলি সুৰত কৈ উঠিল- কিন্তু মোৰ ইচ্ছা থাকিলেওতো ৰাখিব নোৱাৰিম ৷
আনচাৰ মাজু বোৱাৰীৰ মুখৰফালে কিছু সময়
লক্ষ্য কৰি ক'লে-
সঁচাকৈয়ে তুমি এই দেশ এৰি থাকিব পাৰিবা জানো ?
মাজু বোৱাৰী আনচাৰৰ মুখৰ ফালে বহলকৈ
চকু মেলি চাই ক'লে-
আৰু দুদিনমান আগত গ'লে
হয়তো ইমান কষ্ট নহ'লহেঁতেন।
কিন্তু ইচ্ছা থাকিলেওতো মই আৰু ঘৰলৈ উভতিব নোৱাৰিম ! মই আকৌ মুছলমান হৈ উভতি আহো-
আপুনি হয়তো তাকে ক'ব
খুজিছে, কিন্তু মোক ঠাই
দিব কোনে?
আনচাৰ নিৰ্বাক হৈ বহি থাকিল।
সঁচাকৈয়েতো, তাই
স্বধৰ্মলৈ উভতি আহিলে আৰু অসহায় অৱস্থাত পৰিব । তাইৰ শহুৰেকহঁতৰ গৃহত স্থান নহ'ব। দুদিনৰ কাৰণে হ'লেও কথাৰ তাড়নাত, গঞ্জনাত টিকি থাকিব নোৱাৰিব।
হঠাৎ আনচাৰ যেন অকূলত কূল পালে। সি
পোনহৈ বহি উৎফুল্লিত কণ্ঠত ক’লে-
তোমাৰ যদি আপত্তি নাথাকে, তুমি
ইয়াতেই পৃথকে ঘৰ বান্ধি থাকিবা মই ব্যৱস্থা কৰি দিম যাতে তোমাৰ দিন নিশ্চিন্তে
পাৰ হয় ।
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- মোক আপুনি আশ্রয় দি ৰাখিছে, কথাটো জনা-জনি হ'লে আমাৰ কি অৱস্থা হ’ব— বুজিব পাৰিছে নিশ্চয়?
মই নহ'লে
সেইবোৰ সহ্য কৰিলো, কিন্তু
আপুনি-
আনচাৰ মাজু বোৱাৰীৰ মুখৰ কথা কাঢ়ি নি
ক’লে- সেই ভয় মই
নকৰো ৷ তদুপৰি মইতো ইয়াত চিৰদিন নাথাকো। এবছৰ- দুবছৰত হয়তো এবাৰকৈ আহিম। অৱশ্যে
এনেকুৱা ব্যৱস্থা কৰি যাম, যাতে
মই য'তেই নাথাকো কিয়, তুমি যেন কোনো কষ্ট কৰিবলগা নহয়৷
মাজু বোৱাৰীৰ চকু লোতকেৰে ভৰি পৰিল।
এয়া তাইৰ দুখৰ অৱসানৰ আনন্দত, নে
আনচাৰৰ অনাগত বিদায়-দিনৰ আভাসত- সেয়া তায়ে জানে।
হঠাৎ মাজু বোৱাৰীয়ে যেন জ্ঞান হেৰুৱাই
পেলালে। কান্দোন বিজড়িত
কণ্ঠত তাই কৈ উঠিল- যাবই যদি তেনেহ'লে এই ঋণৰ বোজা মূৰত জাপি নাযাব। মই
কাইলৈয়ে গুচি যাম, আপুনিও
গুচি যাওকগৈ ।
এইদৰে কৈয়ে তাই বাহিৰৰ অন্ধকাৰৰ লগত
মিলি গ'ল। আনচাৰ এষাৰ কথাও ক'ব নোৱাৰিলে৷ প্ৰস্তৰ মূৰ্ত্তিৰ দৰে বহি
থাকিল। তেওঁৰ মাথোন
ধাৰণা হ'বলৈ ধৰিলে, সৌ দূৰৰ হাতিপটিৰ নীহাৰিকা-লোকৰ দৰেই
নাৰীৰ মন ৰহস্যময়।*
একৈছ
পাছদিনা ৰাতিপুওৱাৰ আগতেই কৃষ্ণনগৰত
হৈ-চৈ লাগি গ'ল।
দলে দলে পুলিচ আহি কৃষ্ণনগৰৰ বিভিন্ন গৃহত তালাচী চলাবলৈ ধৰিলে। বহু ছাত্ৰ আৰু
যুৱকক হাজোতত ভৰালে।
আনচাৰক ধৰাৰ কাৰণে সশস্ত্ৰ ৰিজাৰ্ভ
পুলিচ ওৰে নিশা বাগানৰ গছত উঠি নাজিৰ চাহাবৰ ঘৰৰ চোকে-কোণে পহৰা দি আছিল, ধলপুৱাৰ আগতেই সিহঁতে ঘুমন্ত আনচাৰক
বন্দী কৰিলে।
চহৰময় ৰাষ্ট্ৰ হৈ পৰিল, নাজিৰ চহাবৰ খুলশালি আনচাৰ বলশেভিকৰ
গুপ্তচৰ আৰু বিপ্লৱী নেতা। সি যুৱকসকলৰ মাজত কমিউনিষ্ট মতবাদ প্ৰচাৰ কৰিছে আৰু
সিহঁতক বিপ্লৱৰ কাৰণে প্ৰস্তুত কৰিছে।
আটাইতকৈ বেছি ঘামিবলৈ ধৰিলে সেইসকল
মানুহ যিসকলৰ নিজৰ বা কোনো আত্মীয়-স্বজন ধৰা পৰা নাই। তেওঁলোকে কোৱা-মেলা কৰিবলৈ
ধৰিলে- আই-ঔ ! খুব সাৰি গ'লো
! যিধৰণৰ জাল বিস্তাৰ কৰিছিল আৰক্ষীয়ে ! ধাৰণা হৈছিল, গুঁই, শামুকলৈকে বাদ নপৰে।
তাৰ মাজতে এজনে কৈ উঠিল- আমি ডৰিকনা
পুঠি ভাই, সৰু
পুঠি, সিহঁতে
ৰৌ-বৰালিহে ধৰিবলৈ আহিছিল৷
আৰু এজনে সামান্য এখোপ চৰাকৈ ক'লে- হয় ককাই, ব্ৰিটিচ চৰকাৰ, তেওঁলোকে চিকা মাৰি হাত গোন্ধ নকৰে !
মাখি মাৰিবলৈ কামান প্ৰয়োগ নকৰে!
স্বদেশ-ব্ৰতী বীৰসকলে গালি খাবলৈ
ধৰিলে- সিহঁতৰ তথাকথিত হঠকাৰিতাৰ কাৰণে- সিহঁতৰ পৰাই অধিক- যিসকলৰ পৰাধীনতা-শিকলি
ছিন্ন কৰাৰ কাৰণে, সিহঁতৰ
সুখৰ গৃহ আৰু আত্মীয়-স্বজনপৰা হয়তো চিৰদিনৰ কাৰণে বিচ্ছিন্ন হৈ গ'ল৷
আনচাৰ ধৃত হোৱাৰ সংবাদ চহৰময় ৰাষ্ট্ৰ
হৈ পৰিল আৰু আটায়ে জানিব পাৰিলে যে, আনচাৰ এতিয়াও গৃহত বন্দী অৱস্থাত আছে। দলে-দলে মেত-কুলী, গাড়োৱান-কোচোৱান, কৃষক-শ্রমিকৰ দল নাজিৰ চাহাবৰ ঘৰৰ ফালে
ঢাপলি মেলিলে। পুলিচৰ লাঠিৰ কোব,
গোৰ-চাবুক-লাথিলৈ ভয় নকৰি সিহঁতে নাজিৰ চাহাবৰ ঘৰ ঘেৰি পেলালে।
উপায়ান্তৰ
38নেদেখি শূন্যলৈ দু-এজাঁই বন্দুকৰ
গুলীও কৰিলে পুলিচ। কিন্তু কোনেও পিছহোঁহকি নগ'ল। ইয়াৰ মাজতে এজন বৃদ্ধ মেতৰ চিঞৰি কৈ উঠিল- হুজুৰ, আমালোকৰ দেউতাক ধৰি নি আছা, ইয়াতকৈ ডাঙৰ মাৰ আৰু কি আছে? আমালোকৰ বুকুত বৰং গুলী কৰা, আমালোকৰ দেউতাক এৰি দিয়া ।
তাৰ কান্দোন দেখি কোনেও অশ্রু সম্বৰণ
কৰিব নোৱাৰিলে !
আনচাৰৰ চকুৰ কোণত অশ্রু টল্মল্ কৰি
উঠিল । সি তাৰ শৃংখলাৱদ্ধ কৰ ললাটত স্পৰ্শ কৰি জনতাৰ উদ্দেশ্যে নমস্কাৰ কৰি কৈ
উঠিল- মই জানো, তোমালোকৰ
জয় হ'ব। তোমালোকৰ
কণ্ঠত স্বাধীন মানৱাত্মাৰ শংখধ্বনি শুনিবলৈ পাইছো।
প্রমত্ত জনতাক
কোনোমতেই টলাব নোৱাৰি পুলিচ চুপাৰিণ্টেণ্ডেণ্ট আনচাৰৰ ওচৰলৈ আহি ক'লে- আপুনি যদি কিবা কয় সিহঁতক, তেনেহ'লে হয়তো সিহঁত যাব। নহ'লে বাধ্য হৈ গুলী চলাব লাগিব৷
আনচাৰে হাঁহি মাৰি ক'লে- মই চেষ্টা কৰিব পাৰো; কিন্তু গুলীৰ ভয়ত মই যোৱা নাই। গুলী
যদি সঁচাকৈয়ে চলাব বুলি মনস্থ কৰিছে, তেনেহ'লে
গুলী চলাওঁক । কৈ হাঁহি মাৰি ক'লে-
গুলীখোৰৰ জাত, এইবোৰ
এতিয়া অভ্যাস হৈ গৈছে।
চাহাব সামান্য হাঁহি মাৰি ক'লে- গুলী সঁচাকৈয়ে চলাব নিবিচাৰো। কিন্তু আপুনি
থানালৈ যাব লাগিব। সিহঁতে আমাৰ কৰ্ত্তব্য কৰ্মত বাধা দিব হয়তো!
আনচাৰে আগৰ দৰেই হাঁহি মাৰি ক’লে- তেতিয়া আপোনালোকেও আপোনালোকৰ
কৰ্ত্তব্য কৰিব; কিন্তু
সেয়া বোধহয় কৰিব লগা নহ'ব।
ব’লক।
শৃংখলাৱদ্ধ আনচাৰক দেখিয়ে উন্মত্ত
জনতা বিপুল জয়ধ্বনি কৰি উঠিল। আনচাৰ সিহঁতক হাঁহিমুখে নমস্কাৰ জনাই ক’লে- তোমালোক উভতি যোৱাগৈ ! ভয় নাই, মোৰ ফাঁচি নহ'ব। আকৌ মই উভতি আহিম তোমালোকৰ মাজলৈ ।
খন্তেক ৰৈ উদ্গত অশ্ৰু অতি কষ্টে সম্বৰণ কৰি পুনৰ ক'লে- মোৰ নিজৰ কাৰণে কোনো কষ্ট নাই, ভাইসকল, কাৰণ মোৰ কাৰণে দুখ কৰিবলৈ কোনো নাই....
তেতিয়াই সহস্ৰ কণ্ঠত ধ্বনিত হৈ উঠিল-আছে, আছে! আমি আছো!
আনচাৰে হাঁহি মাৰি ক'লে- জানো, তোমালোক আছা । কিন্তু তোমালোকতো মোৰ
কাৰণে কন্দা-কটা কৰাৰ বন্ধু নহয় ৷ মই যদি পৰাজয় হওঁ, তোমালোক জয়ী হৈ মোৰ সেই পৰাজয়ৰ লজ্জা
মচি দিবা৷
তেতিয়াই সহস্ৰ কণ্ঠত ধ্বনিত হৈ উঠিল-
নিশ্চয়, নিশ্চয়।
পুলিচ চুপাৰ অসহ্য হৈ উঠাৰ লগে লগে
আনচাৰ ক'লে- ভয় নাখাব, মই এওঁলোকক খেপাই নুতুলো, শান্তই কৰিম৷
তাৰ পাছত জনতাৰ ফালে লক্ষ্য কৰি ক'লে-বন্ধুগণ ! মোৰ বিদায়বেলা তোমালোকৰ
প্ৰতি মোৰ অনুৰোধ, তোমালোকে
তোমালোকৰ অধিকাৰৰ দাবী কেতিয়াও এৰি নিদিবা। তোমালোকেও হয়তো মোৰ দৰে শিকলি পিন্ধি
জে’ল লৈ যাব লাগিব, গুলী খাই মৰিব লাগিব, তোমালোকৰ দেশৰ মানুহে তোমালোকৰ বাটত
হেঙাৰ হৈ থিয় দিব, সকলো
ধৰণৰ কষ্ট দিব, তথাপি
তোমালোকে তোমালোকৰ বাট এৰি নিদিবা,
আগুৱাই যোৱাৰপৰা নিবৃত্ত নহ'বা। সন্মুখৰ দল মৰিব বা বাট এৰি দিব, পিছৰ দল সিহঁতৰ শূন্যস্থানত গৈ থিয় দিব। তোমালোকৰ মৃতদেহৰ ওপৰেইে
আহিব তোমালোকৰ মুক্তি। অস্ত্ৰ তোমালোকৰ নাই, তাৰ কাৰণে দুখ নকৰিবা। যি বিপুল প্রাণশক্তি লৈ সৈনিকসকলে যুদ্ধ কৰে, তোমালোকৰ যদি সেই প্রাণশক্তিৰ অভাৱ
নহয়, তোমালোকও জয়ী হ’বা। আৰু অস্ত্ৰ নায়ে বা কোৱা কিয়? কোচোৱান! তোমাৰ হাতত চাবুক আছে। বনৰীয়া
ঘোঁৰাক- পশুক তুমি চাবুক মাৰি বশ কৰা, আৰু মানুহক বশ কৰিব নোৱাৰিবানে ? ৰাজমিস্ত্রি! তুমি হাতত কৰ্ণি লৈ, ফুটগজ লৈ ইমান গৃহ-অট্টালিকা নিৰ্মাণ কৰিব পাৰিছা, বন্য প্রকৃতিক ৰাজলক্ষ্মীৰ সাজত
সজাইছা- পীড়িত মানুহ নিশ্চিন্তে বাস কৰাৰ স্বৰ্গ তোমালোকেই ৰচনা কৰিব পাৰিবা। মোৰ
জাৰুদাৰ মেৰ ভাইসকল, তোমালোকেইতো
নিজক অশুচি অস্পৃশ্য কৰি পৃথিবীৰ শুচিতা ৰক্ষা কৰিছা, নিজে সকলো দুষিত বাষ্প গ্ৰহণ কৰি, আয়ুক্ষয় কৰি, আমাৰ পৰমায়ু বৃদ্ধি কৰিছা, আমাৰ চৌপাশৰ বায়ু নিষ্কলুষ কৰি ৰাখিছা
! তোমোলোকে ইমান ময়লাই যদি পৰিষ্কাৰ কৰিব পাৰা-তেনেহ'লে এই ময়লাযুক্ত মনৰ মানুহবোৰক শুচি
কৰিব নোৱাৰিবানে ? তোমালোকৰ
দৰে ত্যাগী কৰিব নোৱাৰিবানে ? তোমালোকৰ
সৌ জাৰু দি সিহঁতৰ বিষ-আৱৰ্জনা সাৰিব নোৱাৰিবানে?- তুমি কৃষক! তুমি যি নাঙল দি মাটিৰ বুকুত ফুলৰ
ফচলৰ মেলা বহোৱা, সেই
নাঙলেৰে এই অনুৰ্বৰ-হৃদয় মানুহৰ মনত মনুষ্যত্বৰ ফচল গজাব নোৱাৰিবানে?
জনতাই মুহুর্মুহ জয়ধ্বনি কৰিবলৈ
ধৰিলে। সি আৰু কিবা ক'বলৈ
গৈ আছিল, কিন্তু পুলিচ
চুপাৰে বাধা দিলে।
আনচাৰে হাঁহি
মাৰি ক'লে- ভয় নাই, চাহাব! এই ধৰণৰ বক্তৃতা বহুবাৰ দিছো, কিন্তু এই জয়ধ্বনিৰ বাহিৰে সিহঁতক খেপাই
তুলিবপৰা নাই। আজিও নোৱৰিম। খেপোৱাৰ মানুহ মোৰ পিছত আহি আছে। মোৰ মুখতো এতিয়া
বহুদিনৰ কাৰণে বন্ধ কৰিব দিব, যোৱাৰ
সময়ত নহ'লে অকনমান
খুলিয়ে গ'লো।
বাৰু, মই আৰু একো
নকওঁ! এইবাৰ সিহঁতক ঘূৰি যাবলৈয়ে ক'ম বাৰু।
এইদৰে কৈয়ে জনতাৰ ফালে ঘূৰি ক'লে- মোৰ অনুৰোধ, তোমালোক উভতি যোৱাগৈ । মোৰ পিছত যদি
যাব লগা হয়, সেই
পথতো মাথোন সৌ থানা বা তাতকৈ বেছি জে'ললৈকে, কিন্তু
তোমালোকে দেশ-লক্ষ্মীক মুক্ত কৰিবলৈ হ'লে স্বর্ণ- লংকালৈকে যাব লাগিব। স্বৰ্গলৈ উঠি যাব লাগিব, পাতাললৈকে নামি যাব লাগিব।
তাৰ পাছত পুলিচৰ ফালে চাই ক'লে- এই বেচাৰাহঁত, তোমালোক, আমাৰ দৰেই হতভাগ্য,
দুঃখী। পেটৰ দায়ত পাপ কৰে, বিদ্ৰোহী হয়। এওঁলোকক ক্ষমা কৰা, দুদিন পাছত এওঁলোকো ওলাই আহিব তোমালোকৰ কমৰেড হৈ। যি মৃত্যু- ক্ষুধাৰ
তাড়নাত এই পৃথিবী টলমল কৰিছে, ঘূৰিছে
তাৰ গ্ৰাসৰপৰা পৰিত্ৰাণ পোৱাৰ কাৰো সাধ্য নাই। তাৰ পাছত জনতাৰ ফালে চাই ক’লে- তোমালোকে মনত ৰাখিবা, তোমালোক মোৰ উদ্ধাৰৰ কাৰণে ইয়ালৈ অহা
নাই, তোমালোকক সেই
মন্ত্র মই শিকোৱা নাই, তোমালোকে
তোমালোকক উদ্ধাৰ কৰা- সেয়াই হ’ব
মোৰ কাৰণেও ডাঙৰ উদ্ধাৰ ৷ তোমালোকৰ মুক্তিৰ লগে লগে মইও মুক্তি পাম। আহিছা, নমস্কাৰ গ্ৰহণ কৰা, মোৰ দোষ-ত্রুটি অপৰাধ মার্জনা কৰা, তাৰ পাছত যদি আহিব লগাই হয় মোৰ বাটত, সংঘৱদ্ধ হৈ আহিবা মোৰ পিছত। বিপুল
বন্যাৰ বেগত আহিবা, এক
মুহূৰ্তৰ জোৱাৰৰ ৰূপ লৈ নাহিবা । মই উটি গ’লো দুঃখ নাই, কিন্তু
তোমালোক যোৱাগৈ। নমস্কাৰ!
উপস্থিত আটায়ে জয়ধ্বনিৰ লগে লগে
কপালত কৰ স্পৰ্শ কৰি ছালাম আৰু নমস্কাৰ জনালে।
পুলিচ আনচাৰক লৈ গ'ল! আশ্চর্য! কোনেও বাধা নিদিলে।
থানালৈকো নগ'ল।
বজ্রগর্ভ মেঘৰ দৰে ধীৰ-শান্ত গতিত নিজ নিজ বাটত গুচি গ'ল।
যোৱাৰ সময়ত আটাইতকৈ অসুবিধা হ'ল- লতিফাক লৈ ! তাইবাৰে বাৰে ঘনঘন্কৈ
মূৰ্চ্ছিতা হৈ পৰিবলৈ ধৰিলে। আনচাৰ যেতিয়া গ'ল তেতিয়াও তাই মূৰ্চ্ছিতা। আনচাৰ নীৰৱে তাইৰ ধূলিত লুণ্ঠিত কপালত, মূৰত বাৰম্বাৰ হাত বুলাই ক'বলৈ ধৰিলে— কুঁচি, উঠ উঠ। তই এনেকুৱা নকৰিবি। মই আকৌ আহিম। আনচাৰৰ অশ্রু সাগৰত যেন অমাৱস্যাৰ নিশাৰ
জোৱাৰ উচ্ছ্বসিত হৈ উঠিল। ......
পাছদিনা দোক-মোকালি ৰাণাঘাট ৰেল
ষ্টেচনত শৃংখলাৱদ্ধ প্ৰহৰী বেষ্টিত অৱস্থাত যেতিয়া আনচাৰ গাড়ী সলনি কৰি আছিল, তেতিয়া হঠাৎ চকু গ'ল অদূৰে অপেক্ষমান কেইজনমান যাত্ৰীৰ
প্ৰতি। সিহঁত আৰু কোনো নহয়, মিচ
জোন্স, মাজু বোৱাৰী, প্যাঁকালে আৰু কুৰ্শি।
মিচ জোন্স আগবাঢ়ি আহি হাঁহি লুকাই ক'লে- আপোনাৰ এই অৱস্থা ডেখি দুঃখিট. মিষ্টাৰ
আনচাৰ!
আনচাৰে হাঁহি মাৰি ক'লে- ধন্যবাদ, তাৰ পাছত এওঁলোকক লৈ ক'লৈ গৈ আছে?
মিচ জোন্সে ক’লে- বৰিশাল! আপোনালোকৰ মাজু বোৱাৰীতো
কালি জেদ ধৰিয়ে বহিছিল তাই আৰু গীৰ্জাত নাথাকে। আকৌ মুছলমান হ'ব, গৃহলৈ উভতি যাব । সেয়া কি কন্দাকটা, মিষ্টাৰ আনচাৰ ! কিন্তু আজি ৰাতিপুৱা আহি ক'লে- এই দেশত থাকিব নিবিচাৰে। আজি
কিন্তু ওৰেটো দিন কান্দিছে তাই! এওঁৰ মূৰত বোধকৰো গণ্ডগোল আছে, মিষ্টাৰ আনচাৰ ! হয়, আৰু আপুনি শুনি বোধহয় আনন্দিত হ'ব, কালি প্যাঁকালেও আমাৰ পবিত্ৰ ধৰ্মত দীক্ষা লৈছে। কুৰ্শিৰ লগত এওঁৰ
বিয়া হৈ গৈছে। যীশুখ্ৰীষ্ট এওঁলোকক সুখী কৰক। গুডবাই!
ৰেল আহি গ'ল। আনচাৰ দেখিবলৈ পালে, ইঞ্জিনৰ ৰঙাচকুৰ দৰেই অদূৰে এযোৰ চকু
জল্ কৰিছে। মৃত্যু-ক্ষুধাৰ
দৰে সেই চকু জ্বালাময়, ক্ষুধার্ত, লেলিহান। সেই চকুত অশ্রুনাই, আছে মাথোন তেজ।
ৰে'ল এৰি দিলে ৷ আনচাৰ তাৰ চকুপানীৰ অস্পষ্ট দৃষ্টিৰে দেখিবলৈ পালে, প্লেটফৰ্মত কাৰোবাক যেন বহু কেইজন
মানুহ আৰু মিচ জোন্সে ধৰাধৰি কৰি ৰে'লত তুলিছে।
ৰেলগাড়ীৰ ধোঁৱাত আনচাৰৰ চকু আৰু
প্লেটফৰ্ম সকলো আচ্ছন্ন হৈ পৰিল৷*
বাইছ
সেই মাটিৰ পুতলাৰ কৃষ্ণনগৰ। সেই
ধূলি-বোকাৰ চাঁদ-সড়ক! মাথোন ৰাস্তাই আছে, জোন নাই। আটায়ে কয়,
দুদিনৰ কাৰণে জোন উদয় হৈছিল, ৰাহুই গ্ৰাস কৰিছে! কৈয়ে চৌদিশে লক্ষ্য কৰে। বিশ্বাসং নৈব কর্তব্য
ৰাজকুলেষু!
সেই ওমেন কালি (ওমেন কেথলিক)পাৰা, সেই বাগিচা, পুখুৰী, ৰাস্তা-ঘাট, দন্দ-কাজিয়া
সকলো আছে আগৰ দৰেই । মাথোন যিসকলে পাহৰিব নোৱাৰে সিহঁতৰ বাহিৰে, বেলেগ সকলোৱে মাজু বোৱাৰী, কুশি, প্যাঁকালে, আনচাৰ-
সকলোকে, সকলোবোৰকে পাহৰি
গৈছে। স্মৰণ ৰখাৰ অৱকাশ
ক’ত এই
নিৰৱচ্ছিন্ন দুখৰ মাজত!
অগাধ স্ৰোতৰ বিপুল আৱৰ্তত পৰি যিজন কক্কাই
আছে, সিজনেহে জানে
কেনেকৈ আৱৰ্তৰ মানুহ এক মিনিটত হেৰাই যায়, কোলাৰ শিশু-সন্তানৰ মৃত্যু-কথা পাহৰি কেনেকৈ মাকে আত্মৰক্ষাৰ চেষ্টা
কৰে!
প্ৰতিদিনৰ নিৰৱচ্ছিন্ন
দুখ-অভাৱ-বেদনা-মৃত্যু-পীড়া-অপমানৰ পংকিল স্ৰোতত, মৰণাৱতৰ্তত যিসকল ডুবি মৰিছে, সিহঁতৰ অৱকাশ ক’ত
ক্ষণপূৰ্বৰ দুঃখ স্মৰণ কৰি ৰখাৰ! সিহঁতে মাথোন হাত-ভৰি জোকাৰি অসহায়ৰ দৰে আত্মৰক্ষা
কৰিবলৈয়ে ব্যস্ত।
কিন্তু জীৱনৰ সকলো আশা-ভৰসা জলাঞ্জলি
দি যিজনে মৃত্যুৰ ওচৰত নিশ্চিন্তে আত্মসমৰ্পণ কৰে, এই শেষ নিৰ্ভৰতাৰ চৰম মুহূৰ্তত বোধকৰো তাৰো স্মৰণ পথত ভিৰ কৰি আহে-
সেই আঁতৰি যোৱাৰ দল- যিসকল ওৰেটো জীৱন তাৰ আগে- পিছে প্রিয়তম সহযাত্ৰী আছিল ৷
শোক-জৰা-অনাহাৰ-দুঃখত প্যাঁকালেৰ মাকে
শয্যা গ্রহণ কৰিছে। তাই মাথোন কয়- চোৱা ডাঙৰ বোৱাৰী, জন্মাৱধি এনেকৈ শুই থকাৰ সুযোগ আৰু
আৰাম পোৱা নাই....কালিৰপৰা এই এফলীয়া হৈ শুই আছো, ধাৰণা হৈছে এই ফালটো শিল হৈ গৈছে, তথাপি কিযে আৰাম লাগিছে!.... আৰু কাৰো কাৰণেই নাভাবো, তহঁতৰ কাৰণেও নহয়, মোৰ কাৰণেও নহয়, কাৰো কাৰণে নহয়!....আল্লাহই যি কৰিবৰ
কৰিব! পানীক লাঠি মাৰি কোনেও ওভতাব নোৱাৰে, যি হ'ব
লগা আছে, সেয়া হ'বই! কৈয়ে তাই নিশ্চিন্ত-নিৰ্বিকাৰ
চিত্তে আকাশৰ ফালে চাই থাকে! হঠাৎ তাই দার্শনিক হৈ উঠে, দুঃখ পাহৰাৰ ডাঙৰ ডাঙৰ কথা তাইৰ মুখেৰে
বাহিৰ হয়- যিবোৰ ওৰেটো জীৱন তাইৰ মুখেৰে বাহিৰ হোৱা নাই। তাই নিজেই আশ্চৰ্য হৈ
যায় । প্রশান্ত হাঁহিত চকু-মুখ তিৰ্বি কৰি উঠে । সেয়া যেন ওৰেটো নিশা
ঢিমিক-ঢামাককৈ জ্বলি নিস্তেজ হৈ পৰা তৈলহীন প্ৰদীপৰ শলিতাৰ দৰে নুমাই যোৱাৰ আগতে
হঠাৎ জ্বলি উঠা।
ডাঙৰ বোৱাৰীয়ে চকু মচে। লোতক ওলালেও
মচে, নুলালে লাজত চকু
ঢকাৰ ছলনাত মচে।
এই সামান্যইতো এযোৰ চকু, কিমান পানীয়ে বা তাত আঁটে ! যি তেজ
নিগৰি এই চকুৰ পানী সৰে, সেই
তেজে নিঃশেষ হৈ গৈছে।
মাজু বোৱাৰীৰ পৰিত্যক্ত সন্তান দুটা
চোতালত খেলা খেলে; কিবা
যেন নির্লিপ্তভাব সিহঁতৰ কথা-বতৰা,
চলন-ফুৰণত চকু-মুখত ফুটি উঠে।
মাতৃহাৰা বিহগ শাৱক যেন বেলেগ চৰাইৰ
লগত থাকিও দলহীন হৈ ঘূৰি ফুৰে, কি
যেন বিচাৰে, কাক
যেন খোজে- তেনেকৈ!
কেতিয়াবা খেলা খেলে, কেতিয়াবা খৰি লুৰে, কেতিয়াবা অলসভাবে গছৰ তলত টোপনি যায়, টোপনিপৰা সাৰ পাই আকাশৰ ফালে চাই কি
যেন ভাবে, তাৰপাছত
বুকুভঙা দীর্ঘনিশ্বাস এৰি ঘৰলৈ উভতি আহে। ঘৰলৈ আহিয়ে কাক যেন বিচাৰে, কি যেন প্রত্যাশা কৰে, নাপায়। ডাঙৰ বোৱাৰীৰ ল'ৰা-ছোৱালীবোৰে সিহঁতৰ লগত ভাব জমাবলৈ
আহে, ভাল নালাগে।
ডাঙৰ বোৱাৰীয়ে আদৰ কৰিবলৈ আহে,
কান্দি সিহঁতে হাত এৰুৱাই নিয়ে। অকাৰণে আক্রোশ কৰে।
সন্ধিয়াৰ লগে লগে সিহঁত লাহে লাহে
ৰুগ্না শয্যাশায়ী আইতাকৰ ওচৰলৈ আহি বহে। ল'ৰাটোৱে গম্ভীৰভাবে কয়- আইতা, আজি ভালে আছা নেকি?
বৃদ্ধাই হাঁহি মাৰি কয়- আৰু ভাই, ভাল ! এতিয়া দুচকু মুদিলেই সকলো ভাল-বেয়া যায় ! তাৰ পাছত
দাৰ্শনিকৰ দৰে শান্ত সুৰত কয়- চোৱা ভাই, মই গুচি গ'লে
তহঁত কোনেও নাকান্দিবি। জন্ম হ'লে
মানুহ মৰেই ল'ৰা-ছোৱালী, মাক-দেউতাক কাৰোবাৰ চিৰদিন থাকে জানো?
শ্ৰীমান ভায়েকে এইবোৰৰ এক বর্ণও বুজি
নাপায়, মুখ মেলি চাই
থাকে ।
মাক-দেউতাকৰ নাম শুনিয়ে ঢুঢুলীয়া হৈ
ছোৱালীজনীয়ে কয়- আইতা, তই
আব্বাৰ ওচৰলৈ যাবি নেকি? বাৰু
আইতা, আব্বা য'ত থাকে সেয়াই বেছি দূৰ, নে মা য'ত থাকে সেই বশিাল বেছি দূৰ?
শান্ত বৃদ্ধা ছট্ফট্ কৰি উঠে। এক
যন্ত্রণা কাতৰ শব্দ কৰি সিকাতি হৈ শুই কয়- - সেই বৰিশালে বেছি দূৰ, সেই বৰিশালে বেছি দূৰ !
ছোৱালীজনীয়ে বুজিব নোৱাৰে। তথাপি ক্লান্ত
কণ্ঠত কয়- তেনেহ'লে
মই আব্বাৰ ওচৰলৈ যাম। বাৰু আইতা,
আব্বাৰ ওচৰলৈ যাবলৈ হ'লে
কিমান দিন বিছনাত শুই থাকিব লাগে?
তইতো বিছনাত শুই অসুখ কৰিছা, তাৰ পাছত তালৈ যাবি ! মোৰও এইবাৰ অসুখ কৰিব, তাৰ পাছত আব্বাৰ ওচৰলৈ গুচি যামগৈ। মাই
ভাল নাপায়, খ্রেষ্টান
হৈ গৈছে। হাৰাম খায় ৷ থুঃ! তাইৰ ওচৰলৈ আৰু নাযাও, হুঁ হুঁ!
বৃদ্ধা শুই শুই ঘনঘন্কৈ উশাহ লয়।
ধাৰণা হয় যেন কমাৰশালত হয়তোবা পোৰা কয়লা জ্বলাবলৈ গৈ হাপৰৰ শব্দ হৈছে।
মজিয়াৰ মাটিত শুই জড়িত কণ্ঠত
ছোৱালীজনীয়ে আকৌ সোধে- হে’ৰৌ
আইতা, আব্বা য'ত থাকে তাত সন্ধিয়াবেলা কি খাবলৈ দিয়ে? মই কওঁ গাখীৰ ভাত, হানিপে কয়, গোস্ত-ৰুটি! .কিন্তু আইতাৰ উত্তৰ শুনাৰ
আগতেই তাই টোপনি যায়।
ল'ৰাজন সাৰেই থাকে। কিবাকিবি ভাবে, মাজে মাজে ৰান্ধনি ঘৰৰ ফালে লক্ষ্য কৰে। তাত অন্ধকাৰ দেখি আৰু একো সুধিবলৈ
সাহস গোটাব নোৱাৰে ৷
কিন্তু থাকিবও নোৱাৰে ৷ লাহে লাহে উঠি
ওলাই যায় ! আইতাক চিঞৰি উঠে- ঐ হাপে ক'লৈ গৈছা এই অন্ধকাৰৰ মাজত? অন্ধকাৰৰ সিপ্ৰান্তৰপৰা উত্তৰ আহে, ম’জিদে
‘শিন্নি’ (প্রসাদ) আছে, আনিবলৈ গৈ আছো ৷
ডাঙৰ বোৱাৰীয়ে মছজিদৰ দুৱাৰৰ পৰা
কোলাত লৈ আনিব খোজে, সি
ধূলিত বাগৰি কান্দে। কয়- নাযাও,
মই শিন্নি খাম ৷ মোৰ বৰ ভোক লাগিছে! মই নাযাও ।
মছজিদৰ ভিতৰৰপৰা মৌলবী চাহাবৰ কণ্ঠস্বৰ
ভাহি আহে। কোৰাণৰ সেই অংশ
যাৰ মানে- মই সিহঁতৰ নামাজ কবুল নকৰোঁ, যিসকলে পিতৃহীনক খেদি দিয়ে। মৌলবী চাহাবে জোৰে জোৰে পাঠ কৰে, ভক্তসকলে চকু মুদি শুনে।
অন্ধকাৰ গৃহত ভোকাতুৰ শিশুৰ মূৰৰ
ওপৰেদি বাদুলি উৰি গুচি যায়- আসন্ন মৃত্যুৰ ছাঁৰ দৰে!
টোপনিৰ মাজতে ছোৱালীজনী কান্দি উঠে- আই
অ'! মই আব্বাৰ ওচৰলৈ
নাযাও। মই তোৰ ওচৰলৈ যাম, বৰিশাললৈ
যাম!
খণ্ড অন্ধকাৰৰ দৰে বাদুলীৰ দল উৰি গুচি
যায় মূৰৰ ওপৰেদি- নিশা শিয়ঁৰি উঠে।*
তেইছ
বহুদিন পাছত লতিফাৰ মুখত হাঁহি
বিৰিঙিল। নাজিৰ চাহাব অফিচৰপৰা আহিয়ে ঘুমন্ত লতিফাক জগাই ক’লে- হেৰা, শুনিছা? ৰুবীৰ দেউতাক নদীয়াৰ ডিষ্ট্রিক্ট মেজিষ্ট্রেট হৈ আহিছে।
নিমিষতে লতিফাৰ টোপনি যেন ক'ৰবালৈ উৰি গ'ল। তাই ধৰাই উঠি ক’লে- সঁচা কৈছা? মিষ্টাৰ হামিদ অকলে আহিছে, নে ৰুবীও লগত আছে?
কাপোৰ সলাই সলাই নাজিৰ চাহাবে ক’লে- সেয়া ঠিক নাজানো । অৱশ্যে কোনোবা
এজনে যেন ক’লে-
হামিদ চাহাবৰ ল'ৰা-ছোৱালীকেইজনো
আহিছে লগত৷
লতিফাৰ চকু কাৰোবাৰ কথা ভাবি বাষ্পাকুল
হৈ উঠিল। মনে মনে ক'লে-
আহিলিয়ে যদি, দুদিনমান
আগতে আহিলে হয়তো এবাৰৰ কাৰণে হ'লেও
দেখিব পাৰিলিহেঁতেন!
পাছদিনা আবেলি লতিফাহঁতৰ গৃহৰ দুৱাৰত
এটা প্ৰকাণ্ড মটৰ গাড়ী আহি থিয় হ'ল।
লতিফা দুৱাৰত আহি থিয় হওঁতেই গাড়ীৰপৰা এজনী শ্বেত বসনা সুন্দৰী হাস্যোজ্জ্বল
মুখৰে নামি আহিল৷
লতিফাই তাইক একেবাৰে বুকুত সাৱটি ধৰি ক'লে- ৰুবী তই! তই এনেকুৱা হৈছ? কওঁতেই তাইৰ দুচকু বৈ টপ্ টপ্ কৰি লোতক
বাগৰি পৰিবলৈ ধৰিলে।
ৰুবীয়ে ধমকি মাৰি ক'লে- চুপ! কান্দিলে এতিয়াই গুচি যামগৈ, কৈ দিছো। আই-ঐ-দেহি তহঁতৰ চকুপানী যেন
সস্তা; ইমানদিন পাছত
দেখা, ক'ত অকনমান আনন্দ কৰিবি, নাই, কান্দিয়ে বুকু ভহাই দিছ।
লতিফাই চকু-পানী মচি ক’লে- সেই ৰুবী, তই এনেকুৱা হৈছ! তেতিয়া দেখোন তোৰ দৰে
কান্দুৰী কোনো নাছিল আমাৰ দলত, আৰু
এতিয়া এনেকুৱা শিল হৈ গৈছ?
ৰুবী লতিফাৰ গাল টিপি ক’লে- শিল নহয় হে’ৰৌ, বৰফ! গ্রীষ্মকালি আহিলেই আকৌ গলি পানী হৈ যাব। কৈয়ে লতিফাৰ ল'ৰা-ছোৱালীকেইটাক মৰম কৰি, চুমা খাই, কোলাত লৈ চিকুটি কন্দুৱাই, তাৰ পাছত মিঠৈ, কাপোৰ-কানি দি নিচুকাই- পৰিৱেশ উত্তপ্ত
কৰি তুলিলে।
পাৰাৰ বহু ছোৱালী আহি ভিৰ কৰিছিল, কিন্তু ৰুবীৰ এটা হুমকিতে যিয়ে য'ত পাৰে পলাই সাৰিল। বাপৰে!
মেজিষ্ট্ৰেটৰ জীয়েক!
ৰুবী হাঁহি মাৰি ক'লে- জান ৰুবী, মই বেছি মানুহ দেখিব নোৱাৰো ! এপাল লোক
মুখৰ ফালে চাই থাকিব, ভাবোঁতেও
যেন অস্বস্তি বোধ হয়। সিহঁতক খেদি পঠিয়াবলৈ কষ্ট হয়, কিন্তু নেখেদাকৈ থাকিব নোৱাৰো, বুজিলি!
বুঁচি ওৰফে লতিফাই হাঁহি মাৰি ক'লে- তই মেজিষ্ট্ৰেটৰ জীয়েক, সেয়ে সিহঁতে ইমান মনে মনে আঁতৰি গ'ল, নহ’লে
এনেকুৱা ভাষাত তোৰ এই ব্যৱহাৰৰ উত্তৰ দি গ'লহেঁতেন যে, কাণত
ছীল-মোহৰ মাৰিবলৈ ইচ্ছা গ'লহেঁতেন।
ৰুবী দুষ্টালি ভৰা হাঁহি মাৰি ক'লে- তেনেহ'লে তই বেছ খাঁটি বাংলা শিকি পেলাইছ
ইমান দিনে?
লতিফাই হাঁহি মাৰি ক'লে- এৰা, একমাত্ৰ ময়ে নহয়,
মোৰ ল'ৰা-ছোৱালীকেইটায়ো
শিকি পেলাইছে। এনেকুৱা বিশ্রী পাৰাত বাস কৰিছো, ভাই, সেয়া
আৰু নক’বি । ল'ৰা-ছোৱালীকেইটাৰ ভৱিষ্যত একেবাৰে ফৰকাল
হৈ গ'ল । কিন্তু
সেইবোৰ থাকক, ল'ৰা-ছোৱালীকেইটাক এৰি অকনমান স্থিৰ হৈ
বহুচোন, কিমান কথা
জানিবলৈ আছে, জনাবলৈ
আছে! যাওঁতে কিন্তু ভালেখিনি পলম হ'ব
তোৰ, গাড়ী উভতি
যাবলৈ ক’, ৰাতি
খোৱা-বোৱা কৰি যাবি।
ৰুবী আনন্দত ল'ৰা-ছোৱালীৰ দৰে নাচি উঠি ড্ৰাইভাৰক
গাড়ী লৈ যাবলৈ ক'লে
আৰু বনকৰা ছোৱালীজনীক ঘৰলৈ পঠিয়াই দি তাইৰ মাকক চিন্তা কৰিবলৈ মানা কৰি দি, নিশা দহ বজাত গাড়ী লৈ আহিবলৈ কৈ
পঠালে।
ৰুবী দৌৰি আহি পালেঙৰ ওপৰত সশব্দে শুই
লতিফাক কাষলৈ টানি আনি ক'লে-
বছ, এইবাৰ আৰু কোনো
কথা নহয় ৷ তই তোৰ সকলো কথা ক’,
মই মোৰ কথা কওঁ। কৈয়ে ঘড়ীৰ ফালে চাই কৈ উঠিল- ওৰে বাপৰে, এতিয়াই আকৌ তোৰ নাজিৰ চাহাব আহিব নেকি? তেওঁক কিন্তু আজি লৰালৰিকৈ খোৱাই-বোৱাই
বাহিৰলৈ পঠিয়াই দিব লাগিব৷
তাইৰ কথা কোৱাৰ ভংগীত লতিফা হাঁহি লুটি
খাই পৰি ক'লে-
ৰ’, মানুহজন আহক, তেতিয়া তোক তেওঁৰ হাতত গতাইহে এৰিম।
কিন্তু ভয় নাই, আজি
তেওঁ চিকাৰলৈ বুলি ওলাই গৈছে! উভতিবলৈ নিশা বাৰ বাজিব।
ৰুবী লতিফাৰ পিঠিত চাপৰ মাৰি ক'লে- ব্রাভো! তেনেহ'লে আজি আমাক পায় কোনে! গ্রাণ্ড গল্প
কৰি সময় পাৰ কৰিবপৰা যাব।
লতিফাই হাঁহি মাৰি ক'লে- গল্প কৰিলেতো পেট নভৰে। তাতকৈ বৰং
ব’ল, ৰান্ধনিশালত মই পৰঠা বনাব আৰু তই গল্প
কৰিবি৷
ৰুবী হাঁহি মাৰি ক'লে- সেয়ে ব’ল, বহুদিন তোৰ হাতৰ ৰন্ধা খোৱা নাই ।
ময়দাৰ লাডু বনাই বনাই ৰুবী ক’লে- মই কেনেকৈ তোৰ খবৰ পালো, জান? কৈয়ে অকনমান ৰৈ ক'বলৈ
ধৰিলে- এদিন বাতৰি কাকতত পঢ়িলো,
তহঁতৰ ঘৰত মিঃ আনচাৰক পুলিচে এৰেষ্ট কৰিছে। কৈয়ে ৰুবী হঠাৎ চুপ মাৰি
গ'ল।
লতিফাৰ হাঁহিমুৱা মুখমণ্ডল হঠাৎ
মেঘাচ্ছন্ন হৈ উঠিল। হুমুনিয়াহ কাঢ়ি ক’লে তাই- মইও তোৰ কথা প্ৰথম শুনিবলৈ পাও ককাইদেউৰ ওচৰত! ককাইদেউ
এতিয়া ‘স্টেট প্রিজনাৰ’ হৈ বন্দী হৈ আছে, শুনিছ বোধহয়?
ৰুবীয়ে তাইৰ আয়ত চকুৰ কৰুণ দৃষ্টিৰে
লতিফাৰ ফালে অকনমান চাই ক'লে-এৰা, জানো। বাতৰি কাকতত সকলো পঢ়িছো । বাৰু ভাই কুঁচি, তেওঁ তোক কিবা কৈছিল নেকি মোৰ বিষয়ে?
লতিফাই শান্ত কণ্ঠত ক’লে- এৰা কৈছিল ! বাৰু ৰুবী, মোৰ আগত লুকাবি, আকৌ ?
ৰুবী স্থিৰ কণ্ঠত ক’লে- চোৱা কুঁচি, মই মোৰ মনৰ কথা কাৰো ওচৰত গোপন নকৰো।
ইয়াৰ কাৰণে মই চৰম দুঃখ ভুগিব লগা হৈছে, তথাপি মনক শাসন কৰিবপৰা নাই। তই যি সুধিবি সেয়া মই জানো!
লতিফা ৰুবীৰ ফালে জিজ্ঞাসু দৃষ্টিৰে
লক্ষ্য কৰি ক'লে-
তই তোৰ স্বামীক ভাল পাইছিলি নেকি ?
ৰুবীয়ে সৰল শান্ত কণ্ঠত ক’লে- নহয়। সিতো মোক ভালপাব বিচৰা নাই, মইও বিচৰা নাই। সি বিচাৰিছিল মোক বিয়া
কৰাই ধন্য কৰাৰ দাবীত বিলাতলৈ যোৱাৰ বাট-খৰচ। সেয়া সি পাইছিল। কিন্তু কপাল বেয়া, সহ্য নহ'ল, বেচাৰাৰ
কাৰণে বৰ দুখ হয়, কুঁচি।
খন্তেক ৰৈ পুনৰ ক'বলৈ
ধৰিলে- মৃত্যুৰ কিছুদিন আগতে সি তাৰ ভুল বুজিব পাৰিছিল। সেই ভুলেই হয়তো তাৰ কাল হ'ল। মই সেৱা-শুশ্রূষা সকলো কৰিছো, অৱশ্যে মোক সন্তুষ্ট কৰিবলৈ নহয়, তাক আৰু মোৰ মা-দেউতাক সন্তুষ্ট
কৰিবলৈ। কিন্তু এদিনাখন সি ধৰি পেলালে মোৰ ফাঁকি! সি স্পষ্ঠভাবেই ক'লে- তুমি মোক ভাল নোপোৱা, ইয়াতকৈ ডাঙৰ দুখ মোৰ আৰু নাই, ৰুবী। মোৰ আটাইতকৈ কাষৰ মানুহজনে মোৰ
আটাইতকৈ অনাত্মীয়, এয়া
ভাবিলেও মোৰ শ্বাসৰোধ হৈ আহে। হয়তো মই জীয়াই থাকিলোহেঁতেন, কিন্তু ইয়াৰ পাছত মোৰ জীয়াই থাকিবলৈ
আৰু ইচ্ছা নাই।
লতিফাৰ যেন নিশ্বাস বন্ধ হোৱাৰ উপক্ৰম
হ'ল। তাই আৰু ক'বলৈ নিদি সুধিলে- এই কথা শুনাৰ পাছতো
তই মনে মনে থাকিলি?
ৰুবী তেনেকৈ ময়দাৰ লাডু বনাই সহজভাবে
ক’লে- ইয়াৰ
বাহিৰে আৰু কি ক’ম, ক’চোন? এজন
ভদ্রলোকক চকুৰ আগত মৰা দেখিলে কাৰনো কষ্ট নহয়! কিন্তু সেই কষ্ট কোনোদিনে
আত্মীয়-বিয়োগৰ দৰে পীড়াদায়ক ধাৰণা হোৱা নাই মোৰ ওচৰত ।
লতিফা চমকি উঠিল। যেন হঠাৎ তাই
ফেটী-সাপৰ গাত ভৰি দিছে! কিন্তু ইচ্ছা কৰিয়ে তাই ইয়াৰ পাছত আৰু কোনো প্রশ্ন
নকৰিলে । তাইৰ ধাৰণা হ'বলৈ
ধৰিলে, তাই যেন ক্রমে
পাষাণ মূৰ্ত্তিত পৰিণত হৈ গৈ আছে। যি শুনিলে, যি দেখিলে, সেয়া
যেন কল্পনাৰো অগোচৰ। এনেকুৱা নিৰ্লজ্জ স্বীকাৰোক্তি কোনোবা তিৰোতাই কৰিব পাৰে, ভাবোতেই যেন তাইৰ শ্বাসৰোধ হৈ আহিল।
ৰুবীয়ে অদ্ভুত ধৰণৰ হাঁহি মাৰি ক'লে- শুনি তোৰ খুউব ঘৃণা হৈছে মোৰ ওপৰত, নহয়নে ? মোৰ মা-দেউতাই ঘৃণা কৰে, তইতো তয়ে। কিন্তু কুঁচি, তই শুনিলে আশ্চৰ্য হৈ যাবি যে, যিদিনা পুলিচে আনু ককাইক ধৰি লৈ যোৱাৰ কথাটো বাতৰি কাকতত পঢ়িলো, সিদিনা ধাৰণা হ'ল, মোৰ সুন্দৰ পৃথিবীৰ সৌন্দৰ্য যেন তাৰ স্থূল হাতেৰে লেপি-মচি থৈ গ'ল। সেই এজনৰ বাহিৰে পৃথিবীৰ বেলেগ কাৰো
কাৰণে মোৰ দুঃখবোধ নাই।
কওঁতে কওঁতে তাইৰ স্থিৰ তীব্ৰ চকু
অশ্রু-ভাৰত টল্ মল্ কৰিবলৈ ধৰিলে।
লতিফা অকনমান তীক্ষ্ণ কণ্ঠেই কৈ উঠিল-
কিন্তু ৰুবী, এয়া
জানো খুব ডাঙৰ অপৰাধ নহয়?
ৰুবী চকু-পানী মচিবলৈ চেষ্টা নকৰি
ততোধিক শ্লেষৰ সৈতে কৈ উঠিল- মোৰ হৃদয়-মনক উপবাসে ৰাখি বেলেগৰ সুখৰ বলি হ'ব নোৱাৰাটোৱে বাৰু খুব ডাঙৰ অন্যায়
হয় নেকি তহঁতৰ ওচৰত, কুঁচি? হয়তো তহঁতৰ ওচৰত হয়, মোৰ ওচৰত নহয় । মোৰ ন্যায়-অন্যায়
মোৰ ওচৰত। বেলেগক সুখী কৰিবলৈ গৈ সকলো উপদ্ৰৱ নীৰৱে সহিব পৰাটোত একো মহত্ত্ব নাই!
মোৰ মা-দেউতাৰ স্নেহ-ভালপোৱাৰ ঋণ পৰিশোধ কৰিবলৈ গৈয়েতো মই আজি নিঃস্ব! মোৰ
সুখ-স্বাচ্ছন্দ্য, জীৱনৰ
আনন্দৰ পথ বাছি লোৱাৰ মোৰে কোনো অধিকাৰ নাথাকিব, ই কেনে কথা? কৈয়ে
নিষ্ঠুৰ হাঁহি মাৰি ক'লে-
মোৰ স্বামী মহৎ, ভাগ্যবান
আৰু বুদ্ধিমান লোক আছিল, সেয়ে
সোনকালে মৰি গৈ ওৰেটো জীৱন দুখ পোৱাৰ দায় সাৰি গ'ল।
লতিফাৰ ধাৰণা হ'বলৈ ধৰিলে পৃথিবীখন যেন কঁপিছে। তাইৰ
মূৰটো যেন ভোঁ ভোঁ কৈ ঘূৰিছে। কোনোমতে কষ্ট কৰি তাই ক'লে- তিৰোতা মানুহ কেনেকৈ ইমান নিষ্ঠুৰ
হ'ব পাৰে, মইতো সেয়া ভাবিবই পৰা নাই, ৰুবী? কেনেবাকৈ যেন সকলো ওলট-পালট হৈ গৈছে।
ৰুবীয়ে এইবাৰ হাঃহাঃ কৈ হাঁহি মাৰিলে ।
কিন্তু সেই হাঁহিত কোনো ধৰণৰ ৰস-টস নাই। তেতিয়ালৈকে লাডু বনোৱা শেষ হৈ গৈছিল। তাই
হাত ধুই ধুই ক’লে-
চা কুঁচি, পানী
চমৎকাৰ শীতল পানীয় দ্রব্য, কিন্তু
সেই পানী যেতিয়া জুইৰ তাপত টগবগ কৰি ফুটিবলৈ ধৰে, তেতিয়া সেয়া ভৰিত পৰিলে ফোঁহাতো উঠিবই। কিন্তু তোৰ তাৱাত যে ধোঁৱা
উঠি গ'ল, ল’, এতিয়া পৰঠাকেইটা ভাজি ল’।
লতিফা যন্ত্রচালিতৰ দৰে পৰঠা হলুৱা
তৈয়াৰ কৰি ৰুবীৰ সন্মুখত থ’লে।
ৰুবীয়ে হাঁহি মাৰি ক'লে- এইবোৰ একো মই ঘৰত নাখাওঁ, আজি তোৰ হাতত খাম ।
লতিফা বিস্ময় বিস্ফাৰিত চকু মেলি
ৰুবীৰ ফালে চাই থাকিল। তাই যেন একো উপলব্ধি কৰিবপৰা নাই।
ৰুবীয়ে হাঁহি মাৰি ক’লে- ল’, খা এতিয়া। এইবোৰৰ মানে তই নুবজিবি। চাইছতো, মই থাকো হিন্দু বিধৱাসকলৰ দৰে । এবেলা
খাওঁ, সেয়াও আকৌ
নিৰামিষ। ঘি নাখাও, চাহ, তামোলতো নহয়ে। বগা থান কাপোৰ পিন্ধো, তেল নলগাও চুলিত। এইবোৰ আৰু কি !
এতিয়া বুজিলিনে?
ৰুবী খাই থাকোঁতে হাঁহি মাৰি ক'লে- যিয়ে স্বামীক স্বীকাৰ নকৰিলে, তাইৰ আকৌ বৈধ! মোৰতো হাঁহিয়ে উঠে মাজে
সময়ে!
লতিফা অকনমান ক্রুদ্ধ সুৰতে ক'লে- আতিশয্যৰো এটা সীমা আছে, ৰুবী।
ৰুবী সেই কথাৰ উত্তৰ নিদি চাহ খাই খাই
ক'লে- আঃ! এই
অকনমান চাহ পালে আৰু ককাই কেনেকৈ জাঁপ মাৰি উঠিলহেঁতেন আনন্দত, দেখিছনে?
লতিফাই এইবাৰ দীঘলকৈ উশাহ লৈ ক'লে- সঁচাই ৰুবী, ককাইদেৱে হয়তো তোতকৈও চাহৰ কাপক বেছি
ভালপায় ।
ৰুবী গম্ভীৰ হোৱাৰ ভাও জুৰি কৈ উঠিল-
তাৰ কাৰণ জাননে, বুচি? চাহৰ কাপটো যিমান সহজে মুখৰ আগত তুলি
ধৰিবপৰা যায়, মোক
যদি তেনেকৈ হাতত পাই মুখৰ আগত তুলি ধৰি পান কৰিব পাৰিলেহেঁতেন তোৰ ককায়েৰে, তেনেহ'লে মইও এই চাহতকৈ অধিক প্ৰিয় হৈ উঠিলোহেঁতেন। কৈয়ে হাঁহিবলৈ ধৰিলে।
লতিফা লাজত ৰঙা হৈ উঠি ক'লে- আৰে, তই ইমান নিলাজী কেতিয়াৰপৰা হ’লি, ৰুবী!
একেবাৰে গৈছ!
ৰুবী সন্মতি জনাই কৈ উঠিল- মাথোন এজনৰ
কাৰণে এই চাহৰ ওপৰত লোভ হয় ।
ৰুবীৰ অতিৰিক্ত প্রগভলতাত ক্ষুণ্ণ হৈ
লতিফাই কৈ উঠিল- ইমানইে যদি তোৰ লোভ, তেনেহ'লে
চাহখোৰ লোকজনক বান্ধি নাৰাখিলি কিয়? তেনেহ'লে
সিও বাচিলহেঁতেন, তইও
বাচিলিহেঁতেন। আমিও বাচিলোহেঁতেন !
ৰুবী বিনাদ্বিধাই কৈ উঠিল- এটা ভুল কথা
ক’লি, কুঁচি। আমি হয়তো সঁচাকৈ বাচি গ'লোহেঁতেন, তোৰ ককাইদেউ নাবাচিলহেঁতেন।
লতিফা বুৰ্বকৰ দৰে কিছু সময় চাই থাকি
ক'লে- তাৰ মানে?
ৰুবী লতিফাৰ হাতত ফট্কৈ চিকুট মাৰি ক'লে- তই বুৰ্বক নেকি? তাকো নুবুজিলি ! তাৰ পাছত সামান্য ৰৈ ক'লে- যিজন মৰা নাই তাইৰ আকৌ জীয়াই থকাৰ
মানে কি ? তোৰ
ককায়েৰতো মোৰ দৰে মৰা নাই। সশৰীৰে জীয়াই থাকি কুলী- মজদুৰ লৈ মাঠে-ঘাটে চৰি
ফুৰিছে। মোৰ বৰ এটা দুখ থাকিল, কুঁচি, যাৰ কাৰণে মৰিলো, তাক মাৰি যাব নোৱাৰিলো ৷
লতিফা যেন অকনমান কূল পালে। হাঁহি মাৰি
ক'লে- বাপৰে! কি
দস্যু ছোৱালী তই! পৰিশোধ নকৰি নাযাৱ ! তোক এটি সুসংবাদ দিছো, ৰুবী, সি হয়তো মৰা নাই তোৰ দৰে, কিন্তু আঘাত পাইছে।
ৰুবী একেকোবে থিয় হৈ উত্তেজিত কণ্ঠত ক’লে- নাই নাই, এয়া হ'ব নোৱাৰে ! সি মাথোন মানুহৰ বাহ্যিক দুখে প্ৰত্যক্ষ কৰিছে, অভ্যন্তৰৰ দুখ দেখাৰ ক্ষমতা নাই তাৰ, হৃদয়ৰ কোনো বস্তুৰ অস্তিত্ব নাই তাৰ
ওচৰত! সি মাথোন সিহঁতৰে দুখ বুজে,
যিসকলে তাৰ ওচৰত মাথোন পাব বিচাৰে। যিজনে তাক তাৰ সৰ্বস্ব দি- খুজি
নহয়, সুখী হ'ব বিচাৰে, তাৰ দুখ সি নুবুজে, নুবুজে।
খুলি পৰা অবিন্যস্ত চুলিৰ মাজত ৰুবীৰ
চকু অন্ধকাৰৰ সাপৰ দৰে জ্বলিবলৈ ধৰিলে।
লতিফাৰ চকু দুঃখ, আনন্দ, গৰ্বত চল্চলীয়া হৈ উঠিল। তাইৰ ককায়েৰাক এনেকৈ ভালপোৱা মানুহও আছে? তাই ৰুবীক, একেবাৰে বুকুত সাৱটি ধৰি শান্ত সুৰত ক'লে- তোৰ অভিমানৰ কুঁৱলীত একো মণিবপৰা
নাই ৰুবী, মইওতো
তিৰোতা মানুহ ৷ সঁচাকৈয়ে কৈছো,
তেওঁ তোক ভালপায় ৷
ৰুবীৰ চকুৰ বান্ধ ভাঙি লোতক বাগৰিবলৈ
ধৰিলে। জেঠ মহীয়া দুপৰীয়াৰ বৰ্ষাৰ ঢল নমাৰ দৰে ৷
লতিফা তাইৰ চকু-পানী মচি দি ক'বলৈ ধৰিলে-মোৰ দুখ হৈছে, ৰুবী, ভালপোৱাৰ এই অতলতাৰ সন্ধান পালে তেওঁৰ কাৰাবাসো বেহেস্ততকৈও মধুৰ হৈ
উঠিলহেঁতেন। তই ভালপোৱা মাথোন এইখিনিয়ে তেওঁ জানে। তাৰ তল যে ইমান গভীৰ, সেয়া বোধকৰো তেওঁ নাজানে ৷ কৈয়ে ৰুবী
গালত টিপা মাৰি হাঁহি মাৰি ক'লে-
জানিলে, দেশ সেৱা এৰি
কোনোবা দিনাই মাথো তোৰ পদসেৱা কৰিলেহেঁতেন ।
ৰুবী কিন্তু ইয়াৰ পাছত এষাৰ কথাও নক’লে। অতল সাগৰৰ জিনুক যেনেকৈ দিনৰ পাছত
দিন ভাহি ফুৰে ঢৌৱে ঢৌৱে- এক বিন্দু শিশিৰৰ আশাত, স্বাতী নক্ষত্ৰৰ শিশিৰৰ আশাত, তাৰ পাছত সেই শিশিৰ কণা বুকুত পাইয়ে সি পানীৰ অতল তলিত ডুবি যায়
মুক্তা গজোৱাৰ সাধনাত- এয়াও তেনেকুৱাই।
‘তেৱোঁ ভালপায়’ মাথোন
এইখিনি সান্ত্বনাতেই যেন ৰুবীৰ বুকু ভৰি পৰিল। মাথোন এক বিন্দু শিশিৰৰ
প্ৰতীক্ষাতেই যেন তাই তাইৰ ক্ষুধার্ত মুখ মেলি অনিৰ্দ্দেশ শূন্যৰ ফালে চাই থাকিল। তাইৰ বুকু ভৰি
উঠিছে। তাইৰ মুখৰ বাণী মূক হৈ গৈছে। তাই আৰু একো নিবিচাৰে। এইবাৰ তাই মুক্তা গজাব
। তাই অতল তলিত ডুবি যাব।
জিনুকৰ মুখত এক বিন্দু শিশিৰ ! নাৰীৰ
বুকুত এক বিন্দু প্রেম!
আকাশৰ একোণত এটুকুৰা জোন ! কোন মাহৰ
জোন নাজানে, তথাপিও
ৰুবীৰ ধাৰণা হ'বলৈ
ধৰিলে, সেয়া যেন ঈদৰ
জোন! ৰমজানৰ মাহ হয়তো শেষ হ'ল
আজি ।
আকাশৰ কোণত এটুকুৰা জোন, শিশু-জোন। তাই যেন আকাশৰ জীয়ৰী। বগা
মেঘৰ তোয়ালত মেৰিয়াই আকাশ- মাতাই যেন তাইক কোলাত লৈ চোতালত থিয় দিছে।
তেনেকুৱাই জীয়ৰী.......
লাজত ৰুবীৰ মুখমণ্ডল ‘ৰুবী’ৰ দৰেই ৰঙা হৈ উঠিল।*
চব্বিছ
বৰিশাল ! বাংলাৰ ভেনাচ৷
অকোৱা-পকোৱা ৰঙা ৰাস্তা । চহৰখনক
মেৰিয়াই আছে ভূজ-বন্ধৰ দৰে ।
ৰাস্তাৰ দুকাষে ঝাউবনৰ শাৰী। তাৰ কাষতে
নদী। টল্ মল্ কৰিছে - বোম্বাই শাড়ী পৰিহিতা ভৰ যৌৱনা বধূৰ বাট বুলাৰ দৰে। যত নুবুলে, যৌৱন দোলে তাতকৈও বহু বেছি।
নদীৰ সিপাৰে ধান-খেতি ৷ তাৰ সিপাৰে
নাৰিকল-তামোল গছে আগুৰা সেউজীয়া গ্রাম, শান্ত-নিশ্চুপ। সেউজীয়া শাড়ী পৰিহিতা বাসৰ ঘৰৰ ভয় পোৱা সৰু কইনাৰ
দৰে।
এখন আকাশৰপৰা আন এখন আকাশলৈ কৰুণ
অনুনয় সঞ্চাৰণ কৰি ফুৰিছে- বৌ কথা কোৱা- বৌ কথা কোৱা ।
অন্ধকাৰৰ চাদৰৰ
ঘোমটা টানি তেতিয়াও নিশা অভিসাৰলৈ ওলোৱা নাই। তেতিয়াও হয়তো তাইৰ সন্ধিয়াৰ
প্ৰসাধন শেষ হোৱা নাই । শংকাত হাতৰ আলতাৰ বটল সন্ধিয়াৰ
আকাশত বাগৰি পৰিছে। ভৰিৰ তলৰ আকাশখনে ৰঙা হৈ উঠিছে অধিক ৷ মেঘৰ ক'লা খোপাত তৃতীয়াৰ জোনৰ মালাডাল
পিন্ধাবলৈ গৈ বেঁকা হৈ গৈছে। চোতালময় তৰাৰ ফুল সিঁচৰতি হৈ আছে।
তিনি চাৰিজনী বঙালী ছোৱালী, ক'লা পাৰিৰ শাড়ী পৰিহিতা, তেৰেচীয়া সেওঁতা,
ভৰিত হাই-হিল জোতা,-
সৌ ৰাস্তাৰে এটা ভগ্নপ্রায় দলঙৰ ওপৰত আহি বহিল। মূৰৰ ওপৰত ঝাউবনৰ
শাখাবোৰে প্ৰাণপণে বিছিবলৈ ধৰিলে।
মাজে মাজে স্থানীয় জমিদাৰৰ দুই এখন
মটৰ ফিটন যাওঁতে যাওঁতে ছোৱালীকেইজনীৰ কাষলৈ আহি গতি মন্থৰ কৰি আকৌ গুচি যাবলৈ ধৰিলে।
এজনী ছোৱালীৰ বাহিৰে বাকী ছোৱালীবোৰে
মচগুল হৈ গল্প কৰিবলৈ ধৰিলে। এজনী ছোৱালী অকনমান আঁতৰলৈ আহি ঘাঁহৰ ওপৰত বহি অপলক
চকুৰে নদীৰ ফালে কিবা এটা লক্ষ্য কৰি আছিল, সুধিলে হয়তো তাই নিজেই ক’ব নোৱাৰিলেহেঁতেন।
বহু সময় গল্প কৰাৰ পাছত দলৰ এজনী
ছোৱালী চিঞৰি উঠিল- মাজু বোৱাৰী !
এজনীয়ে সুধিলে- ইয়াত অকলে বহি কাৰ
কথা ভাবিছা, নবৌ?
মাজু বোৱাৰীয়ে উত্তৰ নিদিলে ।
ছোৱালীজনী তেতিয়া উঠি আহি তাইক অকনমান
জোৰ কৰিয়ে সিহঁতৰ কাষলৈ আনি বহুৱাই হাঁহি মাৰি ক'লে- জানা, মেম
চাহাবাৰ হুকুম তোমাক চকুৰ আঁতৰ নকৰাকৈ ৰখাৰ ! আঁতৰি নোযোৱা যেন নবৌ, তেনেহ'লে আমাৰ হৈছে আৰু !
মাজু বোৱাৰীয়ে ম্লান হাঁহি মাৰি ক'লে- নাই নাই, সেই ভয় নাই। আৰু আঁতৰি গ'লেওতো এই নদীৰ পানী এৰাই বেছি দূৰলৈ
যাব নোৱাৰো !
অস্তগামী তৃতীয়াৰ জোনৰ মুখ ম্লান হৈ
উঠিল তাইৰ হাঁহিত । ঝাউবনবোৰে জোৰে জোৰে নিশ্বাস পেলাবলৈ ধৰিলে।
যিজনী ছোৱালীয়ে
কথা পাতি আছিল তাইৰ নাম মিনতি।
মাজু বোৱাৰীৰ প্ৰায় সমবয়সী।
হিন্দু-ঘৰৰ বোৱাৰী আছিল তাই। স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি খ্ৰীষ্টান হৈ ডিভোৰ্চ
লৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি ফুৰিছে ।
লেখা-পঢ়া জনা ছোৱালীৰ কাৰণে তাই
শিক্ষয়িত্ৰীৰ কামো কৰে৷
এই মহিলাজনীয়ে মাজু বোৱাৰীৰ একমাত্ৰ
বন্ধু। চকু-পানী সলনা-সলনি কৰা সখী।
বেলেগ দুজনী ছোৱালীৰ এজনীয়ে কৈ উঠিল-
বাৰু বাইদেউ, এওঁৰ
মাজু বোৱাৰী নামটো আঁতৰ নহয় নেকি ?
মাজু বোৱাৰীয়ে
হাঁহি মাৰি ক'লে-
তালগছ নাথাকিলেও তালপুকুৰ নামটো সলনি কৰিবপৰা যায় জানো?
সেই প্রাণ জুৰোৱা হাঁহি। বুকুৰ শলিতা
জ্বলাই প্ৰদীপৰ আলোক দিয়াৰ দৰে।
মিনতিয়ে মাজু বোৱাৰীক আৰু কিবা কোৱাৰ
অৱসৰ নিদি কৈ উঠিল- কিন্তু ভনী,
এওঁক কিন্তু এই নামেৰে মাতিলেই মোৰ বেছি শ্রুতিমধুৰ লাগে। ধাৰণা হয়, বেছ ঘৰ-সংসাৰ কৰি জা-ননদ মিলি আছো
আটায়ে৷
বেলেগ ছোৱালীজনীয়ে কৃত্ৰিম হুমুনিয়াহ
কাঢ়ি সুৰ কৰি গাই উঠিল- হায় গৃহহীন, হায় গতিহাৰা ! তাৰ পাছত ভাষাত সামান্য নিমখ-জলা সানি ক’লে- বাৰু বাইদেউ, তোমালোকৰ এতিয়াও ঘৰ-সংসাৰৰ তৃপ্তি
মিটা নাই নেকি ? গাখীৰ
খোৱাৰ লোভে যদি জাগি থাকে, তেনেহ'লে এই ঘোল খাই মিছাতে চৰ্দি লগাইছা
কিয় ?
মাজু বোৱাৰীয়ে জলাখিনি সহি লৈ ক'লে- শুনা ভনী, মূৰত ঘোল ঢালাতকৈ বৰং পেটত ঘোল ঢালিলে
সহ্য হ'ব।
ছোৱালীজনীৰ গোপন দুর্বলতাত আঘাত কৰিলে
এই ওস্তাদী মাৰখিনিয়ে। তাই মুখখন বেঁকা কৰি কৈ উঠিল- মাজুবোৱাৰীয়ে কথা শিকিছে
দেখিছো।
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- তাতকৈ বাৰু কোৱা মানুহ হৈ উঠিলো ।
মই কৃষ্ণনগৰৰ ছোৱালী ভনী, আমাক
কথা শিকাবলগা নহয় ! মাকৰ পেটৰপৰাই কথা শিকি আহে আমাৰ দেশৰ ছোৱালীবিলাকে! কিন্তু
তুমি খং নকৰিবা ভনী, মই
সঁচাকৈয়ে তোমালোকৰ লগত মিলিবপৰা ধৰণৰ হোৱা নাই। এয়া চোৱা, জোৰ কৰি ফেশ্বন কৰাৰ দৰে শাড়ী
পিন্ধাইছা, তেৰেচীয়া
সেওঁতা ফালি দিছা, জোতাও
মিলিল কপালত, কিন্তু
এই জোতা-শাড়ী দিও তোমালোকৰ দৰে গঢ়ি তুলিব পাৰিলে জানো? মেম চাহাবৰ জোতা মেম-চাহাবসকলৰ মূৰত
থাকক, মই বগা কাপোৰ
পিন্ধি থাকিব পাৰিলেই নিশ্বাস পেলাই বাচি যাওঁ।
ছোৱালীজনীয়ে তীক্ষ্ণ সুৰত ক'লে- তেনেহ'লে ইয়ালৈ আহিলা কিয়? তাইৰ এই অবান্তৰ প্ৰশ্নত তাই নিজেই
অপ্রতিভ হৈ উঠিল আৰু ততোধিক খং উঠি গ'ল।
মাজু বোৱাৰীয়ে আগৰ দৰেই হাঁহিমুখেৰে ক'লে- মইতো মেম-চাহাব হ'বলৈ অহা নাই ভনী, মানুহ হ'বলৈ আহিছিলো । আলোক-বতাহ-প্ৰাণৰ বৰ অভাৱ আমাৰ সমাজত, সেয়ে পিঞ্জৰাৰ পখীৰ দৰে শিকলি চিঙি
ওলাই আহিছিলো । কিন্তু ইয়ালৈ আহি মোৰ যে ভাল হোৱা নাই সেয়া নকওঁ । এতিয়া যি
শিকিছো, য'তেই নাথাকো কিয়, দুমুঠি পেটৰ ভাত যোগাৰ কৰিবলৈ অসুবিধা
নহ'ব। কিন্তু কৰিম
কি, চিৰদিনৰ অভ্যাস, সৌ জোতা-টোতা পিন্ধিলে ধাৰণা হয়, ভৰিত এক ধৰণৰ নতুন শিকলি পিন্ধিলো ৷
মিনতি বহাৰপৰা উঠি ক’লে- বাৰু, এতিয়াৰপৰা তুমি লুংগী পিন্ধি থাকিবা, মই কৈ দিম গৈ! জোতা-টোতা তোমাৰ পোৰা
কপালত সহ্য নহ'ব!
এতিয়া ব’লা, ৰাতি হৈ আহিছে।
আটায়ে উঠি পৰিল ।...
কিছুদূৰ যোৱাৰ পাছতে প্যাঁকালেৰ লগত
দেখা হ'ল। সি পাদৰী
চাহাবৰ চুপাৰ্ছিৰ ফলত ইয়ালৈ আহিয়ে মেজিষ্ট্ৰেটৰ অফিচৰ পিয়নৰ পদ লাভ কৰিছে।
এতিয়া আৰু সি প্যাঁকালে নহয়, তাৰ
নাম জোছেফ। মেজিষ্ট্রেটে তাক জোছেফ বুলি মাতিলে আনন্দত প্যাঁকালেৰ চকু-পানী ওলায়!
‘হুজুৰ’ বুলি সঁহাৰি দি ‘পৰোঁ নে মৰোঁ’ চিন্তা নকৰি দৌৰি আহি আঢ়ৈ হাত দীঘল এক
কুৰ্নিচ কৰে। শ্ৰীমতী কুর্শি ওৰফে মিচেচ প্যাঁকালে মিচনাৰী মেমসকলৰ কাম-বন কৰে, তাৰ কাৰণে মাহিলি কুৰি টকা বেতন পায়।
প্যাঁকালে পায় পোন্ধৰ টকা। মুঠ পয়ত্ৰিছ টকা। হাঁহি-খেলি সংসাৰ চলে। কুর্শি
প্যাঁকালেক বৰ বেছি ‘কেয়াৰ’ নকৰে, পাঁচ টকা বেছি ৰোজগাৰ কৰে। প্যাঁকালে কিবা ক'লে, কয়- মই তোৰ খাওঁ নেকি। বেছি ফকৰ নকৰিবি। কৈয়ে গৰ্ব কৰি গুচি যায়।
প্যাঁকালেক নুখুওৱাকৈয়ে অফিচ লৈ যাব
খোজে। কয়- মই মেজিষ্ট্ৰেটৰ পিয়ন। তোৰ দৰে কিমান কুৰি টকা মোৰ লেংটিত গোঁজা থাকে।
তোৰ মেম চাহাবক সোধে কোনে!
ঘৰৰ বাহিৰত ভৰি থোৱাৰ লগে লগে কুর্শি
কঁকালত কাপোৰ মেৰিয়াই মেৰিয়াই ক'লে-
যোৱাচোন কেনেকৈ যোৱা ! খপ্ কৰে কোঁচটো ধৰি পেলালে। ক’লে- আৰু এখোজ আগবাঢ়িলেই কেলেংকাৰী
কাণ্ড কৰিম। কাপোৰ কাঢ়ি লৈ এৰি দিম। কৈয়ে কোঁচত ধৰি টান মাৰে।
প্যাঁকালে অসহায় হৈ বহি পৰে। কয়-এৰি
দি চালী! নহ'লে
দিম ধুমধাম ।.... এই কুর্শি তোৰ ভৰিত পৰো। কোনোবাই দেখি পেলাব এতিয়াই। আল্লাহৰ
শপত। যীশুখ্ৰীষ্ট্ৰৰ শপত । সঁচাকৈয়ে কৈছো, আৰু কেতিয়াও একো নকও। কৈয়ে কাণত ধৰে।
কুর্শি কোঁচ এৰি দি হাঁহি হাঁহি বহি
পৰে। কয়- ব’ল
খাবি। খাই-বই গৈ তোৰ মেজিষ্ট্ৰেটৰ ওচৰলৈ গৈ খং দেখুৱাবিহি।
প্রায় বাৰ অনা দিগম্বৰ প্যাঁকালে উশাহ
লৈ বাচে। তাৰ পাছত খাই-বই অফিচলৈ যায়। যোৱাৰ সময়ত কৈ যায়- চালাৰ তিৰোতা মানুহক
বিয়া কৰাৰ দৰে আৰু মূৰ্খামি কাম নাই। তোক যদি আৰু কেতিয়াবা বিয়া কৰাও, মোৰ দেউতাৰ....
কুর্শি হাঁহি হাঁহি লুটি খাই পৰে।
কয়-আহোঁতে পাঁচ মিনিট পলম কৰিলে আজি মেম-চাহাবাৰ ওচৰলৈ গৈ শুই থাকিম ৷
সিদিনা প্যাঁকালে ৰাস্তাত মাজু বোৱাৰীক
দেখি পূৰ্ব অভ্যাস মতে কৈ উঠিল- মাজু বৌ, তোমাকেই খুজিছো মই।
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- কিয়, কুশিয়ে আজিও খেদি পঠাইছে নেকি? বাৰু তহঁতৰ যি কুকুৰৰ ভালপোৱা ! কৈয়ে
পুৰণি দিনৰ দৰে মিঠাকৈ হাঁহি মাৰে ৷ অন্ধকাৰ মেঘৰ মাজত বিজুলিৰ এচেৰেঙা চমক।
এই হাঁহিৰ মানে আগতে প্যাঁকালে বুজা
নাছিল । কিন্তু এতিয়া সি পূৰঠ হৈ নুঠিলেও কিছু বুজিবপৰা হৈছে, ফলত সেই হাঁহিত যেন সি চমকি উঠে।
অন্ধকাৰ নিশা বিজুলি আৰু সাপ দুয়োটাই চমকাই দিয়ে ৷
প্যাঁকালে সামান্য ৰৈ তাইৰ কাষৰ
তিৰোতাকেইজনীৰ ফালে অৰ্দ্ধ-কটাক্ষ কৰি চাই ক'লে- ঘৰৰপৰা এটা চিঠি আহিছে, আবেলি তুমি যদি অকনমান পঢ়ি দি আহিলাহেঁতেন !
মাজু বোৱাৰীক কোনে যেন হঠাৎ চাবুকাঘাত
কৰিলে, চমকি উঠিল তাই!
মুখমণ্ডল কেনেবা যেন হৈ গ'ল, অস্পষ্ট অন্ধকাৰত ভালদৰে দেখা নগ'ল। কিন্তু কণ্ঠস্বৰ শুনি ধাৰণা হ'ল, কোনোবাই যেন তাইৰ কণ্ঠ চেপি ধৰিছে।
মাজু বোৱাৰী কঠিন প্রকৃতিৰ তিৰোতা । তথাপিও তাই নিজক
চম্ভালিব নোৱাৰিলে। কম্পিত দীৰ্ঘ কণ্ঠত ক’লে- ব’লা, এতিয়া তোমালোকৰ ঘৰলৈ ব’লা।
প্যাঁকালে ক'ব খুজিছিল- আজি নহ'লে নগ’লা, কাইলৈ-
মাজু বোৱাৰীয়ে ক’লে- নাই নাই, এতিয়াই ব’লা। কৈয়ে তাই প্রায় দৌৰি
প্যাঁকালেহঁতৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। তাইৰ লগত যে আৰু কোনোবা আছে, নাইবা সিহঁতক কিবা কোৱাৰ প্ৰয়োজন আছে, সেয়া ভবাৰো যেন অৱসৰ নাছিল তাইৰ৷
মিনতি প্যাঁকালেক কৈ দিলে- মাজু
বোৱাৰীৰ চিঠি পঢ়া হ'লে
সি যেন তাইক লগত লৈ আহি থৈ যায়।
দূৰৰপৰা দেখা গ'ল মাজু বোৱাৰী তেনেকৈ দৌৰি গৈ আছে
প্যাঁকালেহঁতৰ ঘৰৰ ফালে ৷
হাৱাই বাজি যিমান বেগত আকাশৰ ফালে উঠে, ঠিক সিমান বেগত মাটিৰ পৃথিবীলৈ উভতি
আহি মুখ থেকেচা খাই পৰে।*
পঁচিছ
মাজু বোৱাৰী ধুমুহাৰ গতিত প্যাঁকালেহঁতৰ
ঘৰলৈ আহি মাতিলে- কুৰ্শি!
মাজু বোৱাৰীৰ এনেকুৱা সুৰ কুৰ্শি
কেতিয়াও শুনা নাই। তাই ভয় খাই বাহিৰলৈ ওলাই আহি থিয় হওঁতেই মাজু বোৱাৰীয়ে ক'লে- কি চিঠি আহিছে, চাওঁ।
কুর্শি নিঃশব্দে চিঠিখন আনি দিলে।
তেতিয়াও তাইৰ ভৰি কঁপিছে। সিহঁত অহাৰ পাছত এই এবছৰত কোনো চিঠি পোৱা নাই। হঠাৎ আজি ‘বিয়াৰিং’ চিঠি দেখি তাই ধাৰণা কৰিলে, নজনা কিবা দুঃসংবাদ আছে চিঠিত !
মাজু বোৱাৰী হাৰিকেনৰ ওচৰলৈ গৈ কম্পিত
হাতেৰে চিঠি খুলি অকনমান পঢ়িয়ে একেবাৰে মাটিত আছাৰ খাই পৰি চিঞৰি কৈ উঠিল- সোণটো!
সোণটো মোৰ !
তেতিয়ালৈকে প্যাঁকালেও আহি পাইছিল। সি আহোঁতেই মাজু
বোৱাৰী আছাৰ খাই প্যাঁকালেৰ ভৰিত পৰি কৈ উঠিল- মোৰ সোণটো বোধহয় আৰু
নাবাচিব, ভাইটি । সি তাৰ
এই পোৰা-কপালী মাকক চাব খুজিছে। মোক লৈ ব’ল, তোৰ
ভৰিত পৰোঁ, ভাইটি, মোক লৈ ব'ল। কৈয়ে তাই মূৰ্চ্ছিতা হৈ পৰিল।
প্যাঁকালে, কুর্শিয়ে খুব কষ্ট কৰি তাইৰ মূৰ্চ্ছা
ভাঙিলে।
আজিলৈ এবছৰ হ'ল সিহঁত বৰিশাল লৈ আহিছে। ইয়াৰ মাজত
কোনেও কোনো চিঠি দিয়া নাই। মাজু বোৱাৰী কিহবাৰ যেন আতংকত কৃষ্ণনগৰৰ নাম পর্যন্ত
শুনিলেই পলাই গৈছিল। তাইৰ সদায় ধাৰণা হৈছিল, এতিয়াই হয়তো তাইৰ ল'ৰাটো
অসুখত পৰিব। তাই দিনে-নিশা
প্ৰাৰ্থনা কৰিছিল, সিহঁত
যেন ভালেৰে থাকে, কোনো
চিঠি যেন কোনোদিন নাহে। কিন্তু স্বস্তিও নাছিল তাইৰ, তাই শয়নে-জাগৰণে- সকলো সময়তে যেন তাইৰ ক্ষুধার্ত শিশুৰ কান্দোন
শুনিবলৈ পাইছিল। তাই ৰাক্ষসী! ইচ্ছা কৰিয়ে ল'ৰা-ছোৱালীহালক পেলাই আহিছে। গুচি অহাৰ দিনা তাইক যেন ভূতে লম্ভিছিল !
তাইৰ দেশ এৰি যাব লাগিব মাথোন এই কথাই তাইৰ মনত পৰিছিল। তাই যে মাক, সেই কথা সিদিনা তাই পাহৰি গৈছিল৷
সামান্য প্রকৃতিস্থ হৈ মাজু বোৱাৰীয়ে
আকৌ চিঠিখন পঢ়িবলৈ ধৰিলে। প্যাঁকালেৰ মাকে চিঠি লেখিছে- লেখিছে মানে কাৰোবাক দি
লেখাইছে। ল'ৰাটোৰ অৰ্থাৎ মাজু বোৱাৰীৰ ল'ৰাৰ ভয়ানক অসুখ, টাইফয়েড। বোধহয় নাবাচিব। যিজন পুতেকে
এই এবছৰত ভুলতো মাকৰ নাম মুখত অনা নাই, সি আজি বিকাৰৰ ঘোৰত সদায় মাথোন বলকিছে, মোক মাৰ ওচৰলৈ লৈ ব’লা। প্যাঁকালেৰ মাকো মৃত্যুশয্যাত।
কিন্তু মৰাৰ আগতে তাই যেন যাৰ সন্তান তাইৰ হাতত গতাই দি যাব পাৰে ! ল'ৰাৰ কান্দোন শুনি গছৰ পাত সৰি পৰে, আৰু তাৰ ৰাক্ষসী মাকৰ মন নপমিবনে!
·
* * *
সিদিনা ৰাতিয়ে মাজু বোৱাৰী, প্যাঁকালে আৰু কুর্শি কৃষ্ণনগৰলৈ
যাত্ৰা কৰিলে। যোৱাৰ কাৰণে অনুমতি পোৱাৰ কাৰণে সিহঁতে বেছ কষ্ট কৰিব লগা হ'ল। কিন্তু স্থানীয় মিচনাৰি
কৰ্মকৰ্তাসকলে মাজু বোৱাৰীক ভালদৰেই জানিছিল! ফলত সিহঁতে আপত্তি কৰিলেও যোৱাটো
বন্ধ কৰিবলৈ সাহস গোটাব নোৱাৰিলে ৷
পাছদিনা সন্ধিয়াৰ অন্ধকাৰ গাঢ়ত হৈ
উঠাৰ সময়ত সিহঁতে কৃষ্ণনগৰ ষ্টেচন পালেহি। এটা বছৰৰ ভিতৰত কিমান যে পৰিৱৰ্ত্তন হৈ
গৈছে কৃষ্ণনগৰৰ ! মাজু বোৱাৰীৰ শোকাচ্ছন্ন চকুৰ ম্লান দৃষ্টিৰ ম্লানিমা লাগি
ষ্টেচনৰ কয়লা-ৰঞ্জিত ৰাস্তা যেন আৰু ক'লা হৈ উঠিল ৷ তাইৰ ধাৰণা হ'ল, কোনোবাই
যেন স্থূল হাতৰ কৰ্কশ পৰশ বুলাই সেই কৃষ্ণনগৰৰ সকলো সৌন্দর্য মচি দি গৈছে।
এটি ঘোঁড়াৰ গাড়ীত উঠি মাজু বোৱাৰীয়ে
ক'লে- খুব জোৰে ব'লা । ইমান সময় ইমান দূৰ ৰাস্তা আহোঁতে যি
হৃদস্পন্দনৰ চঞ্চলতাই তাইক অধীৰ কৰি তোলা নাছিল, ষ্টেচনত নামিয়ে যেন তাইৰ সেই চঞ্চলতা শতগুণে বৃদ্ধি পালে। এবাৰ
ধাৰণা হ’ল, এই ৰাস্তা যেন শেষ নহয়। এই গাড়ী যেন
এইদৰে এনেকৈ অনন্তকাল দৌৰি থাকে ।.....হয়তো তাইৰ পুতেকৰ মুখৰ ‘মা’ মাত ইমান সময়ে নিঃশেষ হৈ গৈছে !
কোচোৱানৰ চাবুকৰ কোব খাই ঘৃত-পক্ক
অশ্বিনীকুমাৰদ্বয় যিখিনি স্পীড বঢ়ালে, তাক ঠিক ঘোঁড়াদৌৰ বুলি ক'বপৰা নাযায়, সেয়া
কিঞ্চিত খোৰা-দৌৰৰ দৰে। তাত যেনেকৈ হাঁহি উঠে, তেনেকৈ
অসহায় জীৱবোৰৰ প্ৰতি কৰুণাত বুকু ভৰি উঠে। কিন্তু ঘোঁড়াতকৈও অধিক আর্তনাদ কৰিবলৈ
ধৰিলে গাড়ীৰ চকাবোৰে। সিহঁত যেন আৰু ঘূৰিব নোৱাৰে। ৰাস্তাৰ বুকুত মুখ ঘঁহি সিহঁত
যেন প্রতিবাদ-ক্রন্দন কান্দি থাকে। ৰাস্তাও তেনেকুৱা । যেন দাঁত নিকটাই
মিউনিচিপালিটিক ভেঙুচালি কৰি আছে!
খোৰাই খোৰাই গাড়ী আহি প্যাঁকালেহঁতৰ
ঘৰৰ দুৱাৰত উপস্থিত হ'ল৷
ভিতৰৰপৰা কোনো শব্দ শুনা নগ'ল।
ভিতৰত কোনোবা আছে বুলিও ধাৰণা নহ'ল।
এটি মৃৎ-প্ৰদীপৰ ক্ষীণ-শিখাৰ আশ্বাসো নাই তাত ৷
মাজু বোৱাৰীৰ বুকু অজান আশংকাত হাহাকাৰ
কৰি উঠিল। তাইৰ অন্তৰত যেন অনন্ত আকাশৰ শূন্যতাত ৰিক্ত আৰ্তনাদ ধ্বনিত হৈ উঠিল।
তাই থৰক-বৰক খোজেৰে গাড়ীৰপৰা নামি দুৱাৰ মুখলৈ গৈ আছাৰ খাই পৰি আৰ্তনাদ কৰি উঠিল-
পোনা !
কোনোবাই যেন তাইৰ কণ্ঠ চেপি ধৰিছে।
শূন্য ঘৰৰ ভিতৰৰপৰা কাৰোবাৰ যেন ক্ষীণ
আর্তনাদ শুনা গ'ল।
সেই আর্তনাদ যেন ইপাৰৰ নহয়, সাঁতুৰি
নদী পাৰ হোৱা সিপাৰৰ শান্ত যাত্ৰীৰহে ।
প্যাঁকালে ইমান সময়ে বন্ধ ঘৰৰ
ডাং-মাৰি খুলি ভিতৰত প্ৰৱেশ কৰিছে। তাৰ ভৰিত কংকালৰ দৰে কিবা এটাৰ খুন্দা লাগোতেই সি
চিঞৰি উঠিল- মা ! মা !
হঠাৎ ৰান্ধনিশালৰ দুৱাৰ খোল খালে; আৰু ভিতৰৰপৰা ডাঙৰ বোৱাৰী ওলাই আহি
ভয়াতুৰ শীৰ্ণ কণ্ঠত চিয়ঁৰি উঠিল- কোন ?
মাজু বোৱাৰীৰ মূৰ্চ্ছাতুৰ কণ্ঠত আৰু
এবাৰ মাথোন অকনমান অস্পষ্ট অনুনয় ধ্বনিত হ'ল- পোনা, মোৰ
পোনা ক'ত ?
ডাঙৰ বোৱাৰী আৰ্তনাদ কৰি কান্দি উঠিল-
ৰাক্ষসী ইমান দিনে আহিলি ! পোনা নাই! কালি ৰাতিপুৱা সি গুচি গৈছে!
মাজু বোৱাৰী ‘পোনা’ বুলি আৰ্তনাদ কৰি আহত বিহগীৰ দৰে তাতে লুটি খাই পৰিল ।
প্যাঁকালে আতকণ্ঠত কৈ উঠিল- ডাঙৰ নবৌ, কি ভীষণ অন্ধকাৰ ! আৰু সহ্য কৰিবপৰা
নাই, প্রদীপ, প্রদীপ ক'ত?
ডাঙৰ বোৱাৰী তেনেকৈ কান্দোন-দীন কণ্ঠত
কৈ উঠিল- প্রদীপ নাই! সকলো প্ৰদীপ নুমাই গৈছে। ঘৰত এফোটা তেলও নাই।
প্যাঁকালে উন্মাদৰ দৰে ভঙা ঘৰৰ চালৰপৰা
এমুঠি পচা খেৰ টানি আনি জ্বলাই দি ক'লে-তেনেহ'লে
ঘৰটোও পোৰক।
সেই ৰঙা আলোকত দেখা গ'ল, প্যাঁকলেৰ মাক তাইৰ কংকাল আৰু আৱৰণ ছালখিনি লৈ তেতিয়াও ৰৈ আছে
মৃত্যুৰ প্ৰতীক্ষাত ৷
প্যাঁকালে “মা” বুলি চিয়ঁৰি তাইৰ বুকুত আছাৰ খাই পৰোঁতেই বৃদ্ধাৰ চকুযোৰ সামান্য
জ্বলি উঠিয়ে পাছমুহূৰ্ততে নুমাই গ'ল
চিৰদিনৰ কাৰণে ৷
চালৰ খেৰ তেতিয়াও দাউ দাউ কৰি জ্বলিছে, সিহঁতৰ বুকুৰ জুইৰ দৰে। কিছু সময় পাছত
সেই অগ্নিশিখাও যেন অতি শোকত মূৰ্চ্ছিত হৈ পৰিল ৷*
ছাব্বিছ
পাৰাৰ মানুহে মাজু বোৱাৰীক দেখি ক’লে- অ'ই ৰাক্ষসী ! তোৰ বুকুত মাথোন লো আৰু শিল ।
ল'ৰাটো গুচি গৈছে। ছোৱালী পটলিক লৈ মাজু বোৱাৰী আকৌ আগৰ দৰে তামোল
চোবাই, ৰেচমী চুড়ি
হাতত দি, তেৰেচীয়া
সেওঁতা ফালি, বহল
পাৰিৰ ক’লা শাড়ী পিন্ধি
পাৰাত ঘূৰে।
মাথোন কেইমাহমান হ’ল ল'ৰাটো মৰিছে ।
মূৰ্চ্ছা ভঙাৰ পাছতেই মাজু বোৱাৰী
উন্মাদিনীৰ দৰে তাইৰ পুতেকৰ যিবোৰ স্মৃতি-চিহ্ন আছিল, এনেকি শতচ্ছিন্ন কঁথা পর্যন্ত,- সকলো পুৰি ভস্ম কৰি দিছে! এই এবছৰত সি
গোপনে যিবোৰ পুতলা সঞ্চয় কৰিছিল,
সেয়া তাৰ লগত পুৰি পেলাইছে।
তাইৰ হৃদয়ৰ সমস্ত শোক-তাপো যেন
সিদিনাই চিৰদিনৰ কাৰণে ভস্মীভূত কৰি দিছে! তাৰ পাছত তাই নিজেই সেই জুই নুমাইছে
কলহে কলহে পানী ঢালি। আজি যেন তাইৰ আৰু কোনো শোক নাই, কোনো দুঃখ-গ্লানি নাই। চকু-পানীও যেন
তাৰ লগত নিঃশেষ হৈ গৈছে!
এয়া যেন তাইৰ আন এক জন্ম। তাই যেন
নৱপ্ৰজন্মৰ নতুন মানুহ।
ছোৱালীজনী পিছে পিছে ঘূৰি ফুৰে, তাইৰ যত্ন নলয় । তাই যেন মাজু বোৱাৰীৰ
সন্তানে নহয়। কোনোবাই কয়, শোকত
পাগলী হৈছে, কোনোবাই
কয়, ৰসৰ পাগলী।
সেইখন ঘৰতে তাই থাকে। মিচনাৰিৰ মেম-চাহাবসকলৰ
বহু অনুৰোধ সত্ত্বেও তাই তালৈ যোৱা নাই, কিন্তু পুনৰ তৌবা কৰি মুছলমানো হোৱা নাই৷
প্যাঁকালেক স্থানীয় খান বাহাদুৰ
চাহাবে এটি কুৰি টকাৰ চাকৰি পোৱাই দিয়াত সি পুনৰ কলেমা পঢ়ি মুছলমান হৈছে।
কুৰ্শিৰ দেউতাক মধু ঘামীৰ বহুদিন আগতেই মৃত্যু হৈছে। ফলত কুর্শি কন্দা-কটি কৰি
শেষত প্যাঁকালেৰ ধৰ্মকে গ্রহণ কৰিছে। ফলত সিহঁতৰ দিন ভালদৰেই এক প্ৰকাৰে পাৰ হৈ
আছে।
মাথোন মাজু বোৱাৰী যেন গৃহত থাকিও গৃহৰ
কোনো নহয়। ইজনৰ সিজনৰ ঘৰলৈ যায় আৰু এক আতিশয্য ধৰণৰ সাজ-পাৰ কৰি। ফলত অনিচ্ছা
সত্ত্বেও মানুহে তাইক এখন চিয়াৰ আগবঢ়াই দিয়ে। সিহঁতৰ ধাৰণা, মাজু বোৱাৰী এই এবছৰত হয়তো বহু
চাহাব-কেপ্তেন ধৰি টকাৰ কুমীৰ হৈ আহিছে! দুঃখ-ধান্দা কৰি খায়, ফলত আগৰপৰা সামান্য মুখৰ ভাবটো থাকিলে
হয়তোবা আপদ-নিদানত হাত পাতিলে দুটা টকা পোৱা যাব।
সঁচাকৈয়ে মাজু বোৱাৰী কিছু টকা আনিছিল, কিন্তু দুই এশ মাথোন, তাৰ অধিক নহয়। সেয়াই তাই বাবুগিৰি
কৰি উৰাইছে। ইয়াৰ পাছত কি হ’ব, বা কি কৰিব, সেই চিন্তাও যেন তাই নকৰে৷
তাইৰ টকাৰ লোভত পৰিয়ালৰ লোকেও কোনেও
একো ক'বলৈ সাহস গোটাব
নোৱাৰে ৷
পাৰাৰ মাতব্বৰ হিচাপী লোক, বহু চিন্তাৰ পাছত সি ঠিক কৰিলে যে, পাৰাৰ কোনো মুছলমান ডেকাৰ জৰিয়তে তাইৰ
ৰসঘন মন মোহিত কৰিব পাৰিলেই তাইক অনায়াসে স্বধৰ্মলৈ ওভতাই আনি এজনী খ্রীষ্টানক
মুছলমান কৰাৰ গৌৰৱ আৰু পুণ্যৰ অধিকাৰী হ'ব পাৰিব! ফলত সি মৌলবী চাহাবৰ লগত পৰামৰ্শ কৰি বেছি জৱদস্তি নকৰিলে
এই বিষয় লৈ। জানোচা, বেছি
টানিলে জৰী চিঙি যায়!
কোনোবাই কিবা ক’লে মাতব্বৰে হাঁহি মাৰি কয়- বোপা, এতিয়া জৰী ঢিলা দি এৰি দিছো । যাব ক’লৈ? অকনমান চৰি ফুৰিবলৈ দিয়াচোন, তাৰ পাছত ঘৰৰ গাই ঘৰলৈকে ঘূৰি আহিব!
মাতব্বৰৰ বুদ্ধিৰ প্ৰশংসা কৰি সিহঁত
উভতি যায় ৷
মাজু বোৱাৰী আটাইতকৈ বেছি লতিফাৰ
ওচৰলৈকে যায়। লতিফা যি পৰিৱেশৰ মাজত ল'ৰালিৰে পৰা ডাঙৰ-দীঘল হৈছে, তাত তাই হৃদয়খনকে সদায় ডাঙৰ কৰি দেখিছে। মাজু বোৱাৰীৰ অভ্যন্তৰৰ যি
জুই তাই দেখিছে, তাকেই
তাই শ্রদ্ধা কৰে। ফলত তাইক স্বধৰ্মলৈ ওভতাই অনাৰ কাৰণে কোনোদিন জৱদস্তি তাই কৰা
নাই! নাজিৰ চাহাব বেচাৰা, যাক
বোলে একেবাৰে মাটিৰ মানুহ। ইয়াকে লৈ তাৰ কোনো মূৰ-কামোৰণি নাই। ইয়াকে লৈ লতিফাক
ৰহস্যৰ চলত সামান্যভাবে কেতিয়াবা চিকুট মাৰে মাথোন। কয়- হেৰা চাবা, শেষত তুমিও যেন আওকাঠীৰ পাল্লাত পৰি
মোক অকূল সাগৰত উটুৱাই নিদিয়া!
লতিফাই হাঁহি মাৰি কয়- তুমিতো উটি
যোৱাৰ দৰে পাতল নোহোৱা, তোমাৰ
বৰং ডুবাৰে ভয় অধিক! মইতো খাল কাটি লুণীয়া পানী আৰু কুম্ভীৰ দুয়োটাই ঘৰলৈ
আনিছো!
নাজিৰ চাহাব নিজৰ দেহৰ ফালে চাই
কৃত্রিম দীর্ঘশ্বাস পেলাই কয়- এৰা,
ডুবিবৰ দৰে দেহটো স্থূল হৈছে অৱশ্যে ! এতিয়াৰ পৰা নিশা উপবাসে থাকি
এই স্থূল দেহ অকনমান পাতল কৰিব লাগিব- অন্ততঃ উটি যোৱাৰ দৰে!
লতিফা নাজিৰ চাহাবৰ গাত থুৱাই দি চিকুট
মাৰি ক'লে- দূৰ্!
বালাই! তোমাক কোনে শকত কয় ! তাৰ চকুত কঁঠালৰ এঠা লগাম!
নাজিৰ চাহাব উস্-আস্ বুলি ক্ষতস্থানত
হাত বুলাই ক'লে-
বাপ্ৰে! আগতে জানিলে কোনে এই শূর্পনখাক বিয়া কৰায়..........
সিদিনা ৰাতিপুৱা উঠিয়ে মাজু বোৱাৰীয়ে
ডাঙৰ বোৱাৰীক মাতি ক'লে-
বাইদেউ, মই আজি পাৰাৰ
সকলো ল'ৰা- ছোৱালীক
খুওৱাম ৷
ডাঙৰ বোৱাৰীয়ে বুজিব নোৱাৰি ক'লে- কিয়?
মাজু বোৱাৰীয়ে সহজ কণ্ঠতে ক’লে- আজি মইনাৰ চালিছা (মৃত্যুৰ চল্লিছ
দিন পাছত মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে অন্নদান)।
ডাঙৰ বোৱাৰীৰ দুচকু লোতকেৰে উপচি পৰিল।
সঁচাকৈয়েতো আজিলৈ চল্লিছ দিন পাৰ হ'ল ল'ৰাটোৰ
মৃত্যুৰ ৷ মাজু বোৱাৰীয়ে তেনেহ'লে
পাহৰা নাই। পাহৰাৰ অভিনয় কৰে মাথোন। তাই চকুপানী মচি ক’লে- সেয়া তোৰ ল'ৰাৰ নামত খুৱাবি, তাত আমাৰ কি ক'ব লগা আছে! কিন্তু পাৰাৰ মাতব্বৰ আৰু মৌলবী
চাহাবকতো ক'ব
লাগিব!
মাজু বোৱাৰীয়ে তেনেকৈ শান্ত কণ্ঠত ক’লে- নাই নাই, সিহঁতৰ কাকো নামাতো। মাথোন সৰু সৰু
শিশুসকলক মই নিজে ৰান্ধি খুৱাম৷
ডাঙৰ বোৱাৰীয়ে চকু-পানী মচি ক’লে- হে’ৰৌ পাগলী! মাতব্বৰে নক’লে, কোনেও
নিজৰ সন্তানক তোৰ হাতৰ ৰন্ধা খাবলৈ নিদিয়ে।
মাজু বোৱাৰীয়ে খন্তেক ৰৈ ক'লে- অ’, মই যে খ্রীষ্টান ! তথাপি যেনেকৈয়ে হওঁক, মই খুৱামেই। কৈয়ে তাই একো নকৈ
মাতব্বৰৰ ঘৰত গৈ উপস্থিত হ'ল।
মাতব্বৰে দেখিলে, এয়াই সুবর্ণ সুযোগ! এই সুযোগ এৰি দিলে
তেনেহ'লে আৰু গৃহলৈ
ওভতাব পৰা নাযাব । সি ভাল মানুহৰ ভাও জুৰি ক'লে- কিন্তু কি কৰিম,
আই, তইতো
মোৰ ছোৱালীৰ দৰেই! খ্ৰীষ্টানৰ হাতত মই ক'লেও কোনেও নাখায় ! মৰি গ'লেও নহয়৷
মাজু বোৱৰীৰ দগ্ধ চকুত হঠাৎ যেন অশ্ৰু
পূঞ্জীভূত হৈ মেঘৰ সঞ্চাৰ হ'ল।
তাইৰ মনত পৰিল কিমান দিন অনাহাৰে থাকি তাইৰ ল'ৰাটো গুচি গৈছে। তাইৰ সমগ্ৰ মন যেন হাহাকাৰ কৰি আৰ্তনাদ কৰি উঠিল।
তাই আৰু নিজক সংৱৰণ কৰিব নোৱাৰিলে। ফেঁকুৰি কান্দি উঠি তাই সন্মুখৰ চোতালত লুটি
খাই পৰি ক'লে-
মই আজিয়ে মুছলমান হ’ম।
মোৰ বোপাৰ আত্মা যেন চিৰদিনৰ ভোক লৈ উভতি নাযায় !
মাতব্বৰে যেন হাতত জোনটো ঢুকি পালে। সি
তেতিয়াই বহাৰপৰা উঠি মাজু বোৱাৰীক মাটিৰপৰা টানি তুলি ক'লে- এইতো আই, ইমান দিন পাছত মাকৰ দৰে কথা কৈছা। তোৰ
পোনাটো মৰাৰ সময়লৈকে বিকাৰৰ ঘোৰত কৈছে, মা, তই
খ্ৰীষ্টান, তোৰ
হাতৰ পানী মই নাখাও ! তই মুছলমান হৈ ফাতেহা নিদিলে তাৰ শাস্তি হ'ব।
মাজু বোৱাৰীয়ে দুই কাণত আঙুলি দি ক’লে- আৰু তাৰ নাম নল’বা মোৰ আগত ৷ তাৰ কোনো কথাই নক’বা। আজি পাৰাৰ সকলো শিশুই মোৰ সন্তান ৷
মাতব্বৰে মাজু বোৱাৰীৰ মূৰত হাত বুলাই
ক'লে- সেয়ে হওঁক
! সিহঁতেই তোৰ সন্তান হওঁক । সিহঁতক খুৱাই, কোলাত লৈ তই তোৰ পুতেকৰ শোক পাহৰি যা!
মাজু বোৱাৰী গুচি যোৱাৰ পাছত মাতব্বৰে
নিজে নিজেই কৈ উঠিল- ৰাক্ষসী হ'লেও
মাকতো! নাড়িৰ টান যাব ক’লৈ? *
সাতাইছ
পাৰাৰ প্ৰায় শতাধিক ক্ষুধাতুৰ শিশুক
পৰিপাটি কৰি খোৱাই-বোৱাই বিদায় দি মাজু বোৱাৰী যেতিয়া লতিফাহঁতৰ ঘৰলৈ আহিল
তেতিয়া সন্ধিয়া হওঁ হওঁ। বাহিৰত ৰুবীৰ প্ৰকাণ্ড মটৰকাৰ থিয় হৈ আছিল।
কিবা যেন এক নিবিড় প্ৰশান্তিত আজি
মাজু বোৱাৰীৰ বুকু ভৰি উঠিছে। সেইসকল ক্ষুধাতুৰ শিশুক খুৱাওঁতে, সিহঁতৰ প্রত্যেকক কোলাত লৈ মৰম কৰোঁতে
তাইৰ ধাৰণা হৈছিল, তাইৰ
ল'ৰাটো হেৰুৱা
নাই। সি এই ক্ষুধাতুৰ শিশুসকলৰ মাজতেই শিশুৰ ৰূপ ধাৰণ কৰি আহিছে। সিহঁতক মৰম কৰি, চুমা খাই, বুকুত সাৱটি ধৰি তাইৰ যেন হেঁপাহ পলাব
নুখোজে। যিজন শিশুক দেখে, তাৰ
মুখমণ্ডলতে যেন তাই তাইৰ ল'ৰাটোৰ
মুখখন দেখা পায় ! আজি তাই যেন জগজ্জননী!
সান্ধ্য-তৰাৰ ফালে লক্ষ্য কৰি তাইৰ
ধাৰণা হ’ল, সেইবোৰ যেন তৰা নহয়, তাইৰ সন্তানহে। মাকক ওভতাই পাই সৌ
দূৰালোকৰপৰা সি যেন হাঁহিছে। সৌ আকাশৰ দৰে বিৰাট উদাৰ তাৰ মাকৰ কোলা।
এক আকাশ মাতৃৰ কোলাত শত-সহস্ৰ ল'ৰা-ছোৱালী !
সান্ধ্য-তৰাৰ কাষতে চতুর্থী তিথিৰ জোন।
যেন ল'ৰাটোৰ বেঁকা
হাঁহি। যেন ল'ৰাটোৰ
ডিঙা। ল'ৰাটো বাণিজ্য লৈ
ওলাইছে- তাৰ মাকক ৰাজৰাণী বনোৱাৰ দুঃসাহসত মণি-মাণিক্য আনিবলৈ শূন্যত পাৰি দিছে।
নাই নাই, সি যেন মইনাৰ
হাতৰ ছেনি দা। দুষ্ট ল'ৰাই
দাখন হাতত লৈ গহীন বনত সোমাইছে- তাৰ দুঃখিনী মাকৰ কাৰণে কাঠ কাটি আনিবলৈ। নাই নাই, সি তাৰ মাকৰ কাৰণে সৌ শূন্যত ঘৰ বনাইছে
মেঘৰ ছাউনি দি। আকাশে আকাশে ওৰেটো দিন উমলি ফুৰিব, পলাই ফুৰিব, তাৰ
পাছত সন্ধিয়া সৌ তাত, সৌ
চোতালত থিয় দি ক’ব-
মই আহিছো, মই
হেৰাই যোৱা নাই৷
মাজু বোৱাৰীৰ চকুৰ দৃষ্টি লোতকত
অস্পষ্ট হৈ উঠোতেই তাইৰ ধাৰণা হ'ল, সৌ তৰাৰ চকুও তিৰ্বিৰাই উঠিছে। মইনাৰ
চকুত পানী! নাই নাই, আৰু
নাকান্দে তাই! সি সকলো দেশৰ, সকলো
মানুহৰ, সকলো মাকৰ মইনা
সি। সি জানো কাৰো একমাত্র সন্তান?
এজনী মাকৰ ওচৰলৈ আহিছিল, মৰম পোৱা নাই, আৰু
এজনী মাকৰ ওচৰলৈ গুছি গৈছে। তথাপিওতো সি আছে! সৌ তৰাত, সৌ জোনত, সৌ আকাশৰ ক'ৰবাত
নহয় ক'ৰবাত সি আছেই! য’তে বিচাৰো ত’তেই যেন তাক দেখিবলৈ পাওঁ! দুষ্ট ল'ৰা, কেতিয়াবা ভিখাৰিণীৰ কোলাত ভোকৰ অজুহাতত কান্দে, কেতিয়াবা পিতৃ-মাতৃহীনৰ ভাও জুৰি
দুৱাৰে দুৱাৰে ভিক্ষাৰ জোলোঙা কান্ধত লৈ ঘূৰি ফুৰে, কেতিয়াবা মামুখী মাকৰ ওপৰত খং কৰি ৰাস্তাত থিয় হৈ কান্দে, কেতিয়াবা দুলালী মাকৰ কোলাত সোণ-ৰূপ
পিন্ধি হাঁহে! সি জানো মইনা? সি
সর্বগ্রাসী, ৰাক্ষস!
সমগ্ৰ বিশ্বক সি তাৰ ৰূপেৰে আগুৰি পেলাইছে...... মাজু বোৱাৰীৰ ইমান ৰূপ হয়তো
কোনেও আগতে কোনোদিন দেখা নাই। লতিফা, ৰুবী একেলগে চমকি উঠিল। এওঁতো মানুহ নহয় ..... মাজু বোৱাৰীৰ চকুত
তেতিয়া বিশ্ব-মাতাৰ পৰিপূৰ্ণ দীপ্তি।
মাজু বোৱাৰী হাঁহি হাঁহি বহি পৰিল। ক'লে- এইমাত্র মইনাহঁতক খোৱাই আহিলো। সিহঁতক
খুৱাওতে বৰ পলম হৈ গ’ল, বাইদেউসকল, সেয়ে আজি আৰু সময় মতে আহিব পৰা নাই।
যিধৰণৰ দুষ্ট ল'ৰা-ছোৱালী
!
এয়া কেনে অপূৰ্ব কণ্ঠস্বৰ! এয়া কেনে
প্ৰশান্ত গভীৰ স্নেহ ! আটায়েৰে দেহ-মন যেন জুৰ পৰি গ'ল।
মাজু বোৱাৰীয়ে এনেকৈ কথাবোৰ ক'লে, যেন তাই নিজৰে কোলাৰ শিশুহঁতক খুৱাই-বুৱাই শান্ত কৰিহে আহিব পাৰিছে!
লতিফাই একো উপলব্ধি কৰিব নোৱাৰিলে।
মাথোন ৰুবীৰ চকু ভেদ কৰি পানী ওলাই আহিল ! তাই মনে মনে মাজু বোৱাৰীক নমস্কাৰ কৰি ক'লে- তোমাৰ আৰু ভয় নাই। তুমি ভয়ৰ সাগৰ
পাৰ হৈ আহিছা ৷
লতিফাই বিমূঢ়ৰ দৰে প্ৰশ্ন কৰিলে- কাৰ
মইনা, মাজু বোৱাৰী ?
ৰুবী জোৰে লতিফাৰ হাতত টিপা মাৰি
ধৰোঁতেই তাইৰ চেতনা আহিল ৷ তাই পাহৰিয়ে গৈছিল যে, আজি মাজু বোৱাৰী তাৰ ল'ৰাৰ নামত পাৰাৰ শিশুহঁতক খোৱাইছে। তাইৰ এই অমার্জনীয় ভুলৰ বাবে তাই
নিজকে ধিক্কাৰ দিবলৈ ধৰিলে মনে মনে। নাজানে মাজু বোৱাৰীৰ শোকার্ত মাতৃ-হৃদয়ত তাই
কিমান ব্যথা দিছে ! খৰধৰ কৰি তাই প্ৰসংগ সলনি কৰিবলৈ বুৰ্বকৰ দৰে কৈ উঠিল- আজি
ককাইদেউৰ চিঠি পালোতো, সেয়ে
মনটো কেনেবা হৈ গৈছে! একো খেয়াল নাছিল।
মাজু বোৱাৰী শান্ত সুৰত সুধিলে- তেওঁৰ
খুব অসুখ নেকি?
লতিফা অবাক হৈ কৈ উঠিল- এৰা, তুমি কেনেকৈ জানিলা ?
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- ভয় নাই, তেওঁ মোক চিঠি লেখি জনোৱা নাই, এনেয়ে কিয় যেন ধাৰণা হ'ল৷
ৰুবীৰ চকু নিমিষৰ কাৰণে জ্বলি উঠিল।
তাই লতিফাৰ মুখত শুনিছিল, মাজু
বোৱাৰীৰ সেই ফালৰপৰা নেকি এটি গোপন দুর্বলতা আছে। কিন্তু তাই শিক্ষিতা ছোৱালী। ফলত
তাইৰ জ্বলি উঠা চকুযোৰক এক নিমিষত নুমাই পেলোৱাত পলম নহ'ল। তদুপৰি শোকার্ত মাতৃ হৃদয়ক এই
ফালৰপৰা আঘাত দিয়াৰ দৰে নিমমতাও তাইৰ নাছিল।
ৰুবী কিবা কোৱাৰ আগতেই মাজু বোৱাৰী কৈ
উঠিল- মই সৰু সৰু ল'ৰা-ছোৱালীক
ৰাতিপুৱা-সন্ধিয়া কিছু কিছু পঢ়ুৱাম বুলি ভাবিছো, তুমিতো মেজিষ্ট্ৰেটৰ ছোৱালী, তোমাৰ দেউতাৰাক এই পাৰাতে এটি সৰু ঘৰ তুলি দিবলৈ কোৱানা ! অৱশ্যে ঘৰ
নাপালে সদ্যহতে আমাৰ চোতালৰ সন্মুখৰ বাগিচাটোতে মই পাঠশালা বহুৱাব লাগিব । কিন্তু
বৰষুণ আহিলে তেতিয়া কি কৰিম?
ৰুবীৰ মনৰ জ্বালাখিনি প্রশমিত হ’ল, এই হতভাগিনীৰ এই সান্ত্বনা বিচৰাৰ ছলনা দেখি। তাইৰ বুজিবলৈ বাকী
নাথাকিল যে, সকলো
ল'ৰা-ছোৱালীক মৰম
কৰি তাই নিজৰ শোক পাহৰি থাকিব বিচাৰে। তাই আনন্দ মনেৰে ক'লে- নিশ্চয় ক’ম, আব্বাক। আৰু তেওঁ যদি একো নকৰে, মই তোমাৰ পাঠশালাৰ ঘৰ নিৰ্মাণ কৰি দিম।
মাথোন ঘৰ নিৰ্মাণেই নহয়, নিজে
আহি সাহায্য কৰিও যাম হয়তো!
মাজু বোৱাৰীয়ে বেছি উচ্ছাস প্রকাশ
নকৰিলে। কিন্তু তাইৰ চকুযোৰ লোতকেৰে উপচি পৰিল । তাই খন্তেক সময় মনে মনে থাকি
দুহাত কপালত স্পৰ্শ কৰিলে। তাইৰ সেই নমস্কাৰ ৰুবীক, নে আন কাৰোবাক সেয়া বুজা নগ'ল!
লতিফা ইমান সময় বিস্ময় বিমূঢ়ৰ দৰে
বহি আছিল। তাই যেন একো উপলব্ধি কৰিবপৰা নাছিল। তাইৰ মন আছিল তাইৰ গৃহত্যাগী
ককায়েকৰ চিন্তাত- তেওঁৰ কাৰণে বেদনাত ভৰপূৰ । ৰুবীৰ লগত যিবোৰ বিষয় লৈ আলোচনা
হৈছিল মাজু বোৱাৰী অহাৰ পাছৰপৰা সেয়া হঠাৎ তলপৰা দেখি তাই ছট্ফট কৰি আছিল-
অৱশ্যে মনে মনে। তদুপৰি সন্তানৰ মৃত্যু- শোক কি তাই নাজানে, কিন্তু নাজানিয়ে তাইৰ ভীতি-গ্ৰস্ত মন
সেই শোকৰ কথা ভাবোঁতেই মূৰ্চ্ছিত হৈ পৰিল । সেই শোকৰ কথা যেন কল্পনা কৰাও অসম্ভৱ। তাই আৰু মনে মনে
থাকিব নোৱাৰি প্ৰসংগটোক তল পেলোৱাৰ কাৰণেই যেন কৈ উঠিল- বাৰু মাজু
বোৱাৰী ! তুমি এটা বুদ্ধি দিব পাৰিবানে ? অৱশ্যে তোমাৰ ওচৰত পৰামৰ্শ বিচৰাৰ সময় নহয় এয়া । তথাপি ধাৰণা, তুমি ইয়াৰ কিবা এটা মীমাংসা কৰিব
পাৰিবা!
মাজু বোৱাৰী নীৰৱে জিজ্ঞাসু দৃষ্টিত
লতিফাৰ ফালে মূৰ তুলি চালে ৷
লতিফা কৈ যাবলৈ ধৰিলে- আজি ৰাতিপুৱা
ককাইদেউৰ এখন চিঠি পাইছো ৰেংগুন জে'লৰপৰা
। তাকে লৈয়ে ৰুবীৰ লগত আলোচনা হৈছিল। বাৰু, চিঠিখন তুমি চোৱাচোন,
তেনেহ'লে
সকলো বুজিব পাৰিবা ৷
মাজু বোৱাৰীয়ে চিঠিখন লৈ পঢ়িবলৈ
ধৰিলে-।
চিৰআয়ুষ্মতী !
চেনেহৰ বুঁচি। পাঁচ ছমাহ পাছত তহঁত লৈ
চিঠি পঠাই আছো । সকলো কথা লেখিব নোৱাৰিম- লেখাৰ অধিকাৰ নাই ! লেখিলেও ওপৰৱালাসকলে
তাক এনেকৈ নিঃচিহ্ন কৰি দিব যে,
ছাৰ জগদীশ চন্দ্ৰ বসুও কোনো বৈজ্ঞানিক উপায়ে সেয়া উদ্ধাৰ সাধন কৰিব
নোৱাৰিব। তদুপৰি মোৰ
স্বভাৱতো জানই, মই
কৈ যাব পাৰো অনর্গল, লেখিব
লগা হয় অৰ্গলৱদ্ধ হৈ। তাত মন আৰু হাত দুয়োটাই অস্থিৰ হৈ উঠে। অৱশ্যে হাঁফানি
এতিয়ালৈকে আৰম্ভ হোৱা নাই- যদিও বুকুত ‘টিউবাৰ- কিউলচিচৰ জাৰ্ম’ কিছুদিনৰপৰা নীড় ৰচনা কৰিছে। সেই খবৰ বহু আগতেই বাতৰি কাকতৰ জৰিয়তে
প্ৰচাৰ হৈ গৈছে আৰু তইও হয়তো সেয়া জানিছ।
তই মাথোন মোৰ ভনীয়ে নহয়- তই বন্ধুও।
সেয়ে আজি তোক এনেকুৱা বহু কথা ক'ম, যিবোৰ তোৰ ওচৰতো কোনোদিন কোৱা নাই।
তইতো জানই, মোৰ বুকুত কীটে খোৱাৰ দৰেও কোনো খাদ্য
নাছিল । কিন্তু সেইটো সংক্রামক,
সেয়াও মইনাজানিছিলো । এদিন কীটে খোৱা বুকুৰ লগত মোৰ পৰিচয় হৈ গ'ল। শুনিলো, সেই কীট নেকি মোৰে কাঁইটৰ বেৰাৰ পৰা উৰি আহি তাত বাঁহ বান্ধিছে।
বৰ দুখ হ'ল। কিন্তু মোৰ কোনো হাত নাছিল! থাকিলেও
সেই হাত বন্ধকত থৈছিলো পুলিচৰ হাত-কেৰেয়াৰ ওচৰত। ফলত লেঙেৰা জগন্নাথ হৈ বহি থাকিব লগা হ'ল ৷
কিন্তু প্রভুভক্ত কীটে মোক পাহৰিব
নোৱাৰিলে। ইমান চিআইডি ইমান পুলিচ-প্ৰহৰীৰ চকুত ধূলি দি- সাগৰ পাৰি দি মোৰ বেৰৰ
কীট মোৰ বুকু লৈ উভতি আহিল । বেলেগৰ বুকু কিছু খাই আহিছে, সেয়া তাৰ হৃষ্ট-পুষ্ট চেহেৰা আৰু সতেজ
দংশনৰ পৰাই বুজিব পাৰিছো ৷
অৱশ্যে মোৰ কোনো কীটলৈকে ভয় নাই।
বিলাতী কীট, বুকুৰ
কীট, দুঃখৰ কীট-
সেয়া যি কীটেই নহওঁক কিয়, মোৰ
ভয় নাথাকিলেও কিন্তু কৰ্তাসকলৰ আছে। সিহঁতে মোক লৈ বিব্ৰত হৈ পৰিছে। সাপৰ চিকা
গিলাৰ দৰে- এৰিবও নোৱাৰে, গিলিবও
নোৱাৰে ৷
আজি টোপনিৰপৰা উঠিয়ে ভাল খবৰ পালো ৷
মোক হেনো কাইলৈ এৰি দিব। অৱশ্যে এৰি দিয়া মানে উশাহ ল'বলৈ দিয়া। মৰা যদি বাপেকে ঘৰলৈ গৈয়ে
মৰ, আমাক দায়ী কৰি
নাযাবি- এই ধৰণৰ মনোভাব আৰু!
এওঁলোক প্ৰকৃততে সিংহৰ জাত। পশু হৈও
পশুৰাজ স্পেচিচৰ। আধা মৰা ৰোগ-জীৰ্ণ চিকাৰ এওঁলোকে নাখায়৷
আকৌ পূৰঠ হৈ উঠিলেই ছোঁ মাৰি ধৰি পেলাব
......
মই ঠিক কৰিছো, মুকলি হ'লেই চিধাই ওৱালটেয়াৰলৈ দৌৰি যাম । মই বিচাৰো- এই বন্ধনৰপৰা
নিঃসংশয় মুক্তি। মূৰৰ ওপৰত অনাবৃত আকাশ, চকুৰ আগত কূলহীন তটহীন জলধাৰা, মনৰ সন্মুখত নিৰৱচ্ছিন্ন অনন্ত অকলশৰীয়া- অকলে মই!
মাজে-সময়ে ধাৰণা হয়, ঠিক ধাৰণা নহয়, লোভ ওপজে- যোৱাৰ আগত সেই অদ্বিতীয় মনৰ
দ্বিতীয় জনক চাই যাও- জানি যাওঁ মোৰ মৰুভূমিৰ উৰ্দ্ধত বগা মেঘৰ ছায়া নহয়- ক’লা মেঘ ছায়াঘন মায়া চাই যাওঁ ।
তোৰ চিঠিৰপৰাই জানিছো, সেই মেঘ নেকি তোৰেই দেশলৈ গৈ জমিছে।
তোৰ হাতৰ কাষত যদি কিছু বেছি উত্তৰীয়া বতাহ থাকে, দিব পাৰিবিনে তাক দক্ষিণলৈ পঠিয়াই? তই হয়তো ক’বি, আৰু শুনি মেঘেও হয়তো বিদ্যুৎ হাঁহি
মাৰি ক'ব, হাতৰ কাষত যাৰ সাগৰ, সি বিচাৰে দুফোঁটা মেঘৰ পানী! সংস্কৃত
কবিসকলৰ এফাকি চিৰচৰিত উপমাৰ কথা মনত পৰিছিল, সেয়া আৰু নেলেখিলো ! নেলেখিলেও বুজিব পাৰিবি বুলি।
মানুহ যেতিয়া প্রগলভ হয়- অর্থাৎ
পোনপটীয়া ভাষাত ক'বলৈ
গ'লে বিকাৰগ্ৰস্ত
হৈ বলকি থাকে, তেতিয়া
যে তাৰ মৃত্যু কাষ চাপি আহিছে– এই
কথা ডাক্তৰে নক'লেও
আটায়ে বুজি পায়। মোৰ ক্ষেত্ৰতে বা তাৰ ব্যতিক্ৰম হ'ব কিয়?
মই যোৱাৰ সময়ত মোৰ শেষ কথা কৈ গ'লো এই কাৰণেই যে, কোৱাৰ অৱসৰ হয়তো আৰু জীৱনত নাপাম৷
মই জীৱনত কোনোদিন কোনো ক্ষেত্ৰতে নিৰাশ
হোৱা নাই। জীৱনৰ ক্ষেত্ৰতো নহ'লোহেঁতেন-
যদি বুজি নাপালোহেঁতেন যে, বাঘে
ধৰিও উগাৰি দিয়ে- তেতিয়া বুজা যায় তাৰ দুৰৱস্থা কিমান দূৰ গৈ পাইছে! তেজ-মঙহৰ
পৰিমাণ তাৰ কিমান হ্রাস পাইছে! কিন্তু এয়া মোৰ কি ধৰণৰ ক্ষুধা? এয়া বাৰু মৃত্যু-ক্ষুধা নেকি ?
মই যদি নুভোতো, দুখ নকৰিবি, ভনী । আমি ওভতাৰ সম্বল লৈ ওলোৱা নাই।
মই ফেৰাৰি আচামী হৈয়েই জীৱন কটাই দিলো। আমাৰ বাটৰ লগৰী পথিক যিসকল ৰৈ গ'ল- সিহঁতৰ মাজতে মোক দেখিবলৈ পাবি। এই
কাৰাগাৰত, এই
ফাঁচিৰ মঞ্চত আমিতো এদিনতে আহি থিয় দিয়া নাই, আমাৰ কণ্ঠত শত জনমৰ শত লাঞ্ছনাৰ তেজ- সেই তেজ হয়তো আজিও মচি যোৱা
নাই। নহ'লে এই সুখৰ
নীড়ত মোৰ মন নবহিল কিয়? পিঞ্জৰাৰ
দুৱাৰ ভাঙি মুক্তলোকৰ উৰ্দ্ধত উৰি গান গোৱাৰ এই হেঁপাহ উপজিল কিয়? জীৱনক আমি জীৱিতৰ দৰেই ব্যয় কৰি গ'লো, মৃতৰ দৰে কাৰ্পণ্য কৰি কাউৰী-শগুণৰ খাদ্য হোৱা নাই! মোৰ যি সম্ভাৱনা, সেয়া যেন তোৰ কাৰণে কোনোদিন অগৌৰৱৰ হৈ
নুঠে।
বেলেগ লোকলৈ গৈ যদি এই লোকৰ প্ৰিয়জনক
মনত ৰখাৰ দৰে অৱসৰ থাকে, তালৈ
গৈ যদি অনশন কাৰাবন্দী নহওঁ, তেনেহ'লে বিশ্বাস ৰাখিবি- তই মোৰ মনত থাকিবি।
মইনাহঁতক মোৰ চুমা দিবি! নাজিৰ চাহাবক
ফাইনেল গঁতা! তই মৰম আশিষ ল’বি।
ৰুবী আৰু মাজু বোৱাৰীক মোৰ নমস্কাৰ জনাবি।- ইতি-
-
তোৰ
ককাইদেউ
চিঠি পঢ়ি মাজু বোৱাৰীয়ে যিখন মুখ
উৰ্দ্ধত তুলি ধৰিলে, সেয়া
যেন মানুহৰ মুখ নহয়। সেয়া যেন সৰি পৰাৰ খন্তেক আগৰ নিয়ঁৰ-সিক্ত ৰঙা-কমল !
লতিফাই মুগ্ধ নয়নত চাবলৈ ধৰিলে। ৰুবীৰ
চকু যেন উজলি উঠিল। মাজু বোৱাৰীয়ে কিবা কোৱাৰ আগতইে ৰুবী কৈ উঠিল- মই ঠিক কৰিছো, কুঁচি মই ওয়ালটেয়াৰলৈ যাম। আয়ে মোক
কয় উল্কা। উল্কাই যদি হওঁ, তেনেহ'লে আৰু শূন্যত ঘূৰিব নোৱাৰো । ধৰাৰ
যিজন মানুহে মোক নিৰন্তৰ আকৰ্ষণ কৰিছে, মুখথেকেচা খাই তাৰ দেশতে পৰিম গৈ । হয়তো আৰু মই মূৰ দাঙি থিয় হ'ব নোৱাৰিম, কিন্তু মোৰ সকলো জুই নুমাই যাব । তথাপি
সেয়াই হ'ব মোৰ মহান
মৃত্যু ! - মাজু বোৱাৰী? তুমি
মোৰ লগত যাবা নেকি? লুকাই
ফুৰিব লাগিব কিন্তু। অভিসাৰিকা সাজি, বুজিছা ?
ৰুবীৰ চকু যেন সোণৰ আঙুঠিত বহোৱা ৰুবীৰ
দৰেই উজলিবলৈ ধৰিলে।
মাজু বোৱাৰী তিলমানো অপ্ৰতিভ নহৈ ক'লে- মোৰ যোৱাৰ ইচ্ছা থাকিলে বহুদিন
আগতেই তালৈ গৈ উঠিলোহেঁতেন, ৰুবী
বিবি! দুমাহ আগত এই খবৰ পালে কি কৰিলোহেঁতেন নাজানো! কিন্তু আজি আৰু মোক লৈ তোমাৰ
কোনো ভয় নাই। ল'ৰাটোক
যদি নেহেৰুৱালোহেঁতেন, এই
মইনাহঁতক যদি নাপালোহেঁতেন, তেনেহ'লে মই সকলোৰে আগত গৈ তেওঁৰ সেৱা কৰি
ধন্য হ'লোহেঁতেন।
ৰুবীয়ে মাজু বোৱাৰীৰ মুখৰ কথা কাঢ়ি নি
কৈ উঠিল- অৰ্থাৎ তুমি ৰুবী হ’লে
ইমান সময় ওলাই পৰিলাহেঁতেন ৷
মাজু বোৱাৰীয়ে হাঁহি মাৰি ক'লে- এৰা। অৱশ্যে।
ৰুবী তৎক্ষণাৎ থিয় হৈ ক’লে-ভনী মাজু বোৱাৰী, তুমি অলপ আগতে মোক উদ্দেশ্য কৰি বোধহয়
নমস্কাৰ জনাইছিলা, এতিয়া
মোৰ প্ৰতি নমস্কাৰ গ্ৰহণ কৰা ৷ তুমি মোক বাটৰ সন্ধান দিলা। এইদৰে কৈয়ে লতিফাৰ
ফালে চাই ক'লে-
ভনী কুঁচি, সময়
হৈছে নিকট, এতিয়া
বান্ধোন চিঙিব লাগিব। মই বাটৰ সন্ধান পাইছো। ভাই মাজু বোৱাৰী, মই কুঁচিৰ ওচৰলৈ তোমাৰ মইনাহঁতৰ
পঢ়াশালিৰ খৰচ পঠিয়াই দিমহি, গ্ৰহণ
কৰিবা৷
মাজু বোৱাৰী, লতিফা একো কোৱাৰ আগতেই ৰুবীৰ ব্যস্ত
কণ্ঠস্বৰ শুনা গ'ল-
ড্ৰাইভাৰ! গাড়ী লৈ আহা! *
আঠাইছ
ওয়ালটেয়াৰ
ভাই বুঁচি,
মই যদি আজি মোৰ পৰিচয় দিওঁ- মই তহঁতৰ
সেই ৰুবী, তেনেহ'লে বিশ্বাস কৰিবি জানো? মোৰ মা-দেউতাইও জানে আৰু তহঁতেও হয়তো
জান, মই মৰিছো ! অথবা
যদি নমৰি থাকো, তেনেহ'লে মোৰ মৰণে মোৰ কাৰণে মংগল বা একমাত্ৰ
গতি!
তহঁতে- অন্ততঃ তই শুনি সুখী হ’বি, নে দুঃখিত হ’বি
নাজানো, যদি মই লেখোঁ যে, মই আজিও মৰা নাই! মই জীয়াই আছো, কুঁচি, মই জীয়াই আছো- তহঁততকৈও ভালদৰে জীয়াই আছো।
আজি তোক সকলো কথা খুলি ক'ম, তাৰপাছত মোৰ সন্মুখত ৰৈ আছে কূলহীন সমুদ্র! কূলহীন জীৱনক আৰু কোনেও
আশ্রয় নিদিলেও, সমুদ্রতো
আছে!
তোৰ পৰা যেতিয়া জানিবলৈ পাৰিলো যে, তোৰ আৰু ককায়েৰা ৰেংগুন জে’লৰপৰা মৃত্যুৰ নোটিচ হাতত লৈ
ওয়ালটেয়াৰ লৈ গৈ আছে, তেতিয়াই
মোৰ কৰ্তব্য ঠিক কৰি পেলাইছিলো। তোৰ ওচৰলৈ লেখা চিঠিৰ প্ৰতিটো আখৰ যেন মোৰ ফালে
লক্ষ্য কৰি কৈছিল, তোক
বিচাৰে, তেওঁ তোক
বিচাৰে! ৰজাৰ লাঞ্ছনা-তিলক তেওঁৰ কপালত, শ্যাম সমান মৰণৰ বাঁহী তেওঁৰ হাতত, তেৱেঁ যে মোৰ ৰাজপুত্ৰ ! মই অভিসাৰলৈ ওলাই পৰিলো।
মই জানিছিলো, মোৰ মা-দেউতাৰ আদেশ-অনুৰোধ আৰু স্নেহৰ বিপুল
বাধা লংঘি কেতিয়াও হয়তো তেওঁৰ সান্নিধ্য লাভ কৰিব নোৱাৰিম। কিন্তু তেওঁ যেতিয়া তেওঁৰ মৃত্যু-মলিন
চকুযোৰ লৈ মোৰ ফালে চালে, তেতিয়া
তাৰ ওচৰত মোৰ সন্মুখৰ ইমান ডাঙৰ বাধাযেন বাধা বুলিয়ে ধাৰণা নহ'ল।
ধাৰণা হ’ল, ইমান
ডাঙৰ যি বাধা, ইমান
ডাঙৰ যি অন্তৰায়- তেওঁ তাতকৈও ডাঙৰ, তাতকৈও বিপুল! আকাশে মোক মাতিলে, মোৰ ডেউকা চঞ্চল হৈ উঠিল, মই নীড়ৰ মায়া পাহৰিলো৷
মই স্রোতস্বিনী, যি পৰ্বতত মই জনম লৈছো, তাৰ ইমান শিল, ইমান বন-জঙ্গলে মোৰ বাট ভেটি থিয় হ'ব নোৱাৰিলে, মই সমুদ্ৰৰ উদ্দেশ্যে দৌৰি আহিলো।
সমুদ্ৰৰ সাক্ষাৎ লাভ কৰিছো, আজি
মোৰ ধাৰণা হৈছে, এয়াই
মোৰ শেষ, এয়াই মোৰ
পৰিণতি, এয়াই মোৰ
সাৰ্থকতা। কূল হেৰাইয়ে মই অকূলৰ বন্ধুক পালো।
মোৰ মা-দেউতাৰ মনত- তহঁতৰ মনত কিমান
আঘাত দিছো, সেয়া
জানো । তহঁত পাহাৰৰ দৰে
সংস্কাৰৰ পাছত সংস্কাৰৰ শিল স্থাপন কৰি ওখ হৈ আছ, তহঁতে হয়তো তাকেই কোৱা, মহিমা। কিন্তু সেই মহিমাৰ অচলায়তনত নিশ্বাস ৰোধ কৰি জীয়াই থকাৰ
মায়া অন্ততঃ মোৰ নাছিল কোনোদিন। সেই জীৱন মোৰ নহয়। নিজক হেৰুৱাই দিয়া, সিঁচৰতি কৰি দিয়াই মোৰ জীৱনৰ গতি।
বাটত বাট বুলি, বাট
হেৰুৱাওতে মোৰ মুক্তি। জানো, সেই
জীৱন মোৰ ওচৰত যেনেকৈ সঁচা, তহঁতৰ
ওচৰত তেনেকৈ মিছা।
মোৰ সত্যক মই বিচাৰিছো আৰু পাইছোও-
এয়াই মোৰ সান্ত্বনা।.....
এদিনাখন অন্ধকাৰ নিশা- যেতিয়া তহঁতে, মোৰ আত্মীয়- [-স্বজন আটায়ে টোপনিত
লালকাল, মই ওলাই পৰিলো
অন্ধকাৰৰ হাত ধৰি। আলোকৰ দেশত পৌছাই দি মোৰ লগৰীয়া অন্ধকাৰ লৈ গুচি গৈছে! মই আলোক পাইছো, বন্ধুক পাইছো- পাইছো নিজক।
তোতকৈ তো ডাঙৰ আত্মীয় আনচাৰৰ আন কোনো
নাই, ক’তা, তইতো এনেকৈ আহিব নোৱাৰিলি!
মই তেওঁৰ কোন? দুদিনৰ পৰিচয়- কৈশোৰৰ সপোন! কিন্তু
সেই সপোনৰ নিচা মোৰ নাকাটিল। সেই সপোনৰ পৰিচয়ক সকলোৰে আগত স্বীকাৰ কৰাৰ অৱকাশ
বিধাতাই মোক নিদিলে। আমাৰ শুভদৃষ্টি হ'ল সকলোৰে অগোচৰে- মৃত্যু আৰু সমুদ্ৰক সাক্ষী কৰি। আমাৰ বাসৰ সজাইছে
মৃত্যুই তাৰ অন্ধকাৰৰ নীলাপুৰীত ! বাহিৰত মাথোন কোলাহল, মাথোন লজ্জা, ভালদৰে চকু মেলি বন্ধুক চোৱাৰ অৱকাশ
নাই। এইবাৰ চাম তেওঁক এই বাসৰ ঘৰত নয়ন ভৰি- প্রাণ ভৰি। ৰবি-শশী-গ্রহ-তৰাৰ দল আমাৰ
বাসৰ ঘৰত আজিৰে পৰাই বিধি-পথালি দিছে।
ইয়ালৈ আহি এদিন কাকতত দেখিলো, দেউতাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।
মই জানো নুবুজো, কিয়
তেওঁ অৱসৰ গ্ৰহণ কৰিছে- মাথোন চাকৰিৰ পৰাই নহয়- হয়তো জীৱনৰপৰাও । সকলো বুজি পাও, কিন্তু তথাপিও ইয়াৰ বাহিৰে কোনো উপায়
নাছিল।
ধাৰণা কৰিলো, ভালেই হ'ল এয়া। যি ক্ষমা এই জীৱনত নাপাও দেউতাৰপৰা, সেই ক্ষমা খুজি ল’ম ইয়াৰ পাছৰ জীৱনত । তাত সংস্কাৰ নাই, মহিমাৰ উচ্চতা নাই, প্রেষ্টিজৰ অভিমান নাই । মৃত্যুৰ বাসৰ
ঘৰৰপৰা ওলাই তেওঁৰ ভৰিৰ ধূলি ল’ম, মই জানো, সিদিনা প্ৰাণ ভৰি তেওঁ আশীৰ্বাদ কৰিব!
আৰু মা! আজি যদি তেওঁৰ কোলালৈ উভতি
যাওঁ, আজিও তেওঁ ধূলি
জোকাৰি তেনেকৈ বুকুত সাৱটি ল'ব।
কিন্তু আয়েতো দেউতাৰ বাহিৰে একো কৰিব নোৱাৰে। যিগৰাকী দেউতাই এই জীৱনত ক্ষমা কৰিব
নোৱাৰিব, বুকু ফাটি গ’লেও নহয়, আয়েও সেই ক্ষমাৰ বাণী উচ্চাৰণ কৰিব
নোৱাৰিব। তেওঁলোকে ৰটনা কৰিছে, ছোৱালী
মৰি গৈছে, এয়াই
যেন সত্য হয়!
মোৰ কাৰণে যি মিছা কবৰ খন্দা হৈছিল, সেই শূন্য কবৰ শূন্য হৈ নাথাকে। মই
তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম- যিমান সোনকালে পাৰি মৰি তেওঁলোকৰ সেইবোৰ লজ্জাৰ
অন্ত পেলাম।
অৱশ্যে আত্মহত্যা কৰি নহয় ! এই ভীৰুতা
মোৰ মনত কোনোদিনে নাই। থাকিলে বহু আগতেই মৰিব পাৰিলোহেঁতেন- অন্ততঃ সিদিনাখন, যিদিনাখন মোৰ অমতত মই বিয়া নামৰ ছুৰীৰ
তলত ডিঙি ৰাখিব লগা হৈছিল।
এয়াতো গ'ল মোৰ দুখৰ কাহিনী। এইবাৰ মোৰ সুখৰ কথা
শুনিবি ?
মই যেতিয়া ওয়ালটেয়াৰত আহি নামিলো, দেখিলো আনচাৰৰ ৰাজ-বন্ধু৷ পুলিচৰ
গুপ্তচৰবোৰে মোক আগুৰি ধৰিছে। শাপেই মোৰ কাৰণে বৰ হ'ল। বহু অনুসন্ধান কৰি হয়তো তেওঁক বাহিৰ কৰিব লগা হ'লহেঁতেন ! কিন্তু সিহঁতৰ ওচৰতে সন্ধান
পালো, অৱশ্যে মোৰ
বস্তু-বাহানিৰ সন্ধান কৰিবলৈ দিয়াৰ বিনিময়ত।
তেতিয়াও সন্ধিয়া গাঢ় হৈ উঠা নাই।
তেওঁৰ মূৰ শিতানত আহি থিয় হ'লো।
এটি সৰু ঘৰত অৱশভাবে হাত দুখন এৰি দি তেওঁ সান্ধ্য-তৰাৰ ফালে চাই আছিল।
মই নিঃশব্দে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলো
জোতা খুলি। দেৱতাৰ ঘৰত জোতা পিন্ধি প্ৰৱেশ কৰিবপৰা যায় জানো?
দেখিলো, শেষ-বেলাৰ পূৰৱী ৰাগিণীৰ দৰে তেওঁৰ চকু-মুখত কান্দোন আৰু ক্লান্তি।
খিড়িকীৰ মাজেৰে সান্ধ্য-তৰাৰ ফালে তেওঁ অপলক দৃষ্টিৰে চাই আছে। তেওঁ নিঃশব্দে
সান্ধ্য-তৰাক নমস্কাৰ জনালে। মই তেতিয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ক'লো- মই আহিছো।
সেয়া যে কি আনন্দ তেওঁৰ চকু-মুখত!
তেওঁ ৰুবী বুলি মাতিয়ে মূৰ্চ্ছিত হৈ পৰিল।....
বাৰু বুঁচি, তই ঘুমন্ত ভোকাতুৰ অজগৰৰ জাগৰণ দেখিছ
জানো? শিহৰিত হৈ
নুঠিবি! সকলো কথা ভালদৰে শুন্।
দুদিনমান নৌযাওঁতেই বুজিলো, ভোকাতুৰ অজগৰ জাগি উঠিছে। তেওঁৰ সেই
বিপুল আকৰ্ষণ এৰাই যোৱাৰ সাধ্য বন-হৰিণীৰ হ'ব জানো ?
তেওঁ মোক তিলে তিলে গ্ৰাস কৰিবলৈ
ধৰিলে। মই কান্দিবলৈ ধৰিলো, মোৰ
কাৰণে নহয়, তেওঁৰ
কাৰণে। এই সৰ্বগ্ৰাসী ভোক যে মাথোন মোৰ মৃত্যুৰ কাৰণ নহয়, তেওঁৰো মৃত্যুৰ কাৰণ ! তেওঁ যে
মৃত্যু-কাতৰ, মোক
গ্ৰাস কৰি জীয়াই থকাৰ ক্ষমতা আজি তেওঁৰ আছে জানো?
মই জানো এই ৰোগৰ ডাঙৰ শত্ৰু এই
প্ৰবৃত্তি! নহ'লে, যি আনচাৰৰ সংযম তপস্বীতকৈও কঠোৰ, তেওঁক এই মৃত্যু-ক্ষুধাই পাই বহিল কিয়
?
তেওঁ যেতিয়া ক’লে- ৰুবী, চিৰদিন বিহু পান কৰি ডাঙৰ হৈছো, আজি মৃত্যু-ক্ষণত তুমি অমৃত পৰিৱেশন
কৰা। মই মৃত্যুঞ্জয়ী হওঁ।
মই মোৰ উপবাসী ভিখাৰী বন্ধুৰ আবেদন
এৰাব নোৱাৰিলো ৷
তথাপি ডাক্তৰক সুধিলো- তেওঁক বচাব
পাৰিব বুলি ধাৰণা হয় নেকি ?
ডাক্তাৰে ক'লে- তেওঁৰ এফালৰ হাওঁ-ফাওঁ খাই
পেলাইছে। আৰু আনফালেও আক্ৰমণ কৰিছে। এই ৰোগ এতিয়া আমাৰ চিকিৎসা শক্তিক অতিক্ৰম
কৰি গৈছে, এতিয়া
এওঁক যদি বিধাতাই বচায় !
মই ডাক্তাৰক নমস্কাৰ কৰি ক'লো- তেনেহ'লে আপুনি আৰু কষ্ট কৰি অহাৰ দৰ্কাৰ নাই
ডাক্তাৰ চাহাব। তেওঁ শান্তিৰে মৰক৷
ডাক্তাৰ গুচি গ'ল। মইও মোৰ কৰ্তব্য বাচি ল'লো।
মই পৰিপূৰ্ণভাবে তেওঁৰ ক্ষুধিত মুখৰ
আগত আত্মসমৰ্পণ কৰিলো। যদি এওঁ নাবাচেই তেনেহ'লে ক্ষুধা লৈ মৰিবলৈ নিদিওঁ, দুদিন আগতে মৰিব এয়েতো! তদুপৰি এই মৃত্যুতো তেওঁৰ একপক্ষীয় নহয়, তেওঁৰ বুকুৰ মৃত্যু-বীজাণুৱে মোকও
আক্রমণ কৰিব ।
সেয়া কি তৃপ্তি, কি আনন্দ তেওঁৰ! মৰু-পথৰ পথিক মৃত্যুৰ
আগত যেন মৰুদ্যানৰ ছায়া পালে!
তেওঁৰ আনন্দ তেওঁৰ হাঁহি, তেওঁৰ সুখ দেখি ধাৰণা হ'ল, তেওঁ বোধহয় বাচি গ'ল!
বিষেই বোধহয় তেওঁৰ বিষৰ ঔষধ হ’ল!
কিন্তু- কিন্তু বুঁচি! লতি! সখী! আজি
মোৰ গৃহৰ প্ৰদীপ নুমাবলৈ ধৰিছে! তাৰ শিখা কঁপিছে। মৃত্যুৰ ধুমুহা আমাৰ গৃহত প্ৰৱেশ
কৰি তাণ্ডৱ আৰম্ভ কৰিছে। মই মোৰ এই সামান্য আঁচলেৰে ঢাকি তেওঁক জীয়াই ৰাখো কেনেকৈ, বুঁচি?
কোনে জানিছিল তেওঁৰ সেই হাঁহি, সেই আনন্দ নুমাই যোৱাৰ আগতে জ্বলি উঠা!
চিঠি লেখোঁতে লেখোঁতে দোকমোকালি হৈ গ'ল। তেওঁৰে শিতানত বহি এই চিঠি লেখিছো।
আমাৰ শিতানৰ চাকি নুমাই আহিছে। তেওঁ অপলক দৃষ্টিৰে পুৱঁতিৰ আকাশৰ তৰাৰ ফালে চাই
আছে। মাত বন্ধ হৈ গৈছে, বন্ধ
হৈ গৈছে কালিৰপৰাই! কাকো মই মতা নাই। তেৱোঁ মতা নাই।
দুজনে ওৰে নিশা সমুদ্ৰ আৰু আকাশৰ তৰা
দেখিছো৷
তেওঁ অতি কষ্টেৰে ক'লে- সৌ তৰাৰ দেশলৈ যাবা?
মই এবাৰ ক’লো- যাম।
তেওঁ গভীৰ তৃপ্তিৰ উশাহ লৈ ক'লে- তেনেহ'লে আহা, মই তোমাৰ আশাত ৰৈ থাকিম।
তাৰ পাছত মোক চুমা খালে ।
তেওঁৰ মুখেদি তেজ ওলাল! তেওঁৰ বুকুৰ
তেজেৰে মোৰ মুখ-ওঁঠ ৰঙা হৈ উঠিল।
আশাবাদ কৰিবি, এই তেজ-ৰেখা যেন আৰু মচি নাযায়।.....
তোৰ ওচৰত যেতিয়া এই চিঠি গৈ পাব-
তেতিয়া হয়তো মোৰ প্ৰদীপ নুমাই যাব ! মোৰ সুন্দৰ পৃথিবী-মোৰ চকুত মলিন হৈ উঠিছে!
মোৰ চকুৰ নদী সমুদ্ৰত গৈ পৰিছে!
মই জানো, মোৰ দিনো শেষ হৈ আহিছে! মইও শেষ-বেলাৰ পূৰৱীৰ কান্দোন শুনিছো ৷ মোৰ
বুকুত তেওঁৰ মৃত্যু-বীজাণুৱে নীড় ৰচনা কৰিছে! মোৰ যিখিনি জীৱন অৱশিষ্ট আছে সেয়া
খাবলৈ আৰু বেছিদিন নালাগে। তাৰপাছত চিৰদিনৰ চিৰমলিন- নতুন জীৱন-
নতুন দেশ- নতুন প্ৰেম ৷
তহঁত আটায়েৰে কাৰণে তেওঁ কান্দিছে।
কিমান ডাঙৰ, কিমান
বিপুল জীৱন লৈ তেওঁ জান্মিছিল- আৰু কিমান দুখ লৈ গুচি গ’ল ! ৰজাৰ ঐশ্বৰ্য লৈ তেওঁ আহিছিল- গ'ল ভিখাৰীৰ দৰে,- নিৰন্ন, নিঃসহায়, নিৰ্বন্ধু-
অকলশৰে!
তেওঁ কৈ গৈছে, মৃত্যুৰ পাছত তেওঁৰ দেহ সমুদ্ৰত উটুৱাই
দিবলৈ। সমুদ্রক তেওঁ ভাল পাইছিল- হয়তো মোতকৈও বেছি। সাগৰৰ দৰে প্ৰাণ যাৰ- তাক
সাগৰৰ পানীতে উটুৱাই দিম।
আৰু মোৰ সময় নাই। মোৰ প্রদীপো নুমোৱাৰ
উপক্ৰম হৈছে হয়তো!*
ৰুবী-
সমাপ্ত-

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন