ভাৰতীয় কালজয়ী অনুবাদ গল্প
ভাৰতীয় কালজয়ী অনুবাদ গল্প
সূচীপত্রc
খুলি দিয়া। (মূল -(চাদাত হাচান মণ্টো)
সৰিয়হ ফুল (মূল উর্দু- মহঃ কে মহতাজ)
উপদেশ। মূল (তেলেগু-বালিৱাড় কান্ত)
গুৰমুখ সিঙৰ উইল। (মূল উর্দু- ছাদাত
হাছান মণ্টো)
খীৰতী গাই- মূল কাশ্মীৰী- আমিন কামিল
নতুন আইন (মূল- ছাদাত হাছান মণ্টো)
ঠাণ্ডা মঙহ (মূল- ছাদাত হাছান মণ্টো)
আল্লাহৰ কচম (মূল-ছাদাত হাছান মণ্টো)
চিকাৰী মহিলা (মূল-ছাদাত হাছান মণ্টো)
খুলি দিয়া
(মূল-(চাদাত
হাচান মণ্টো)
বিশেষ ৰে'লগাড়ীখন
অমৃতচৰৰপৰা দুপৰীয়া দুই বজাত যাত্ৰা আৰম্ভ কৰি আঠ ঘণ্টা পাছত মোগোলপুৰা পালেহি-
ৰাস্তাত কে’বাজনো মানুহ
মৰিল, কিছু মানুহ জখম হ’ল আৰু কিছু মানুহ ইফালে সিফালে গুচি গ'ল।
ৰাতিপুৱা দহ বজাত কেম্পৰ চেঁচা মজিয়াত
চিৰাজুদ্দিনে চকু মেলি চালে আৰু কেউফালে পুৰুষ মানুহ আৰু সৰু সৰু ল'ৰা-ছোৱালীৰ বিপুল জনসমুদ্র দেখি তাৰ চিন্তা শক্তি লোপ পালে আৰু সি ডাৱৰীয়া
আকাশৰ ফালে পলকহীন দৃষ্টিত বহুপৰলৈ চাই থাকিল- কেম্পৰ ভিতৰে
বাহিৰে স্বাভাৱিকতে হাই-উৰুমি হৈ আছিল; কিন্তু বৃদ্ধ চিৰাজুদ্দিনৰ কাণ যেন
বন্ধ হৈ আছিল। সি একো শুনা নাছিল। কোনোবাই তাক দেখিলে
ধাৰণা কৰিলহেঁতেন যে সি গভীৰ চিন্তাত মগ্ন হৈ আছে- কিন্তু প্ৰকৃততে তাৰ চিন্তা
কৰিবপৰা শক্তি নাছিল। তাৰ অস্তিত্ব শূন্যত উপঙি আছিল।
উদ্দেশ্যহীন ভাবে ডাৱৰীয়া আকাশৰ ফালে
চাই থাকোতে হঠাৎ চিৰাজুদ্দিনৰ চকু সূৰ্যৰ ফালে প্ৰসাৰিত হ'ল আৰু সূৰ্যৰ
প্ৰখৰ ৰশ্মি আহি তাৰ শৰীৰৰ কোষে কোষে সোমাই গ'ল
আৰু সি সাৰ পাই উঠিল। তাৰ চকুৰ আগত কিছুমান চিত্ৰ ভাহি উঠিল। লুট, জুই
পলোৱা, পলোৱা ...... ষ্টেচন ........গুলী.......... নিশা আৰু চকিনা
চিৰাজুদ্দিন হঠাৎবহাৰপৰা উঠি ঠিয় হ’ল
আৰু সি বলিয়াৰ দৰে তাৰ চাৰিওফালে সিঁচৰতি হৈ থকা জনসমুদ্ৰৰ মাজত কাৰোবাক বিচাৰি ফুৰিবলৈ ধৰিলে।
সি পুৰা তিনি ঘণ্টা চকিনা.….…….চকিনা
বুলি চিঞৰি কেম্পৰ ধূলি-মাটি একাকাৰ কৰিলে; কিন্তু সি তাৰ
গাভৰু জীয়েক চকিনাৰ কোনো সন্ধান উলিয়াব
নোৱাৰিলে। চাৰিওফালে এক ধৰণৰ লৰা-ঢপৰা হৈ আছিল। কোনোবাই নিজৰ সন্তানক বিচাৰি আছিল,
কোনোবাই মাকক, কোনোবাই আকৌ স্ত্ৰী আৰু জীয়ৰীক।
চিৰাজুদ্দিন শ্ৰান্ত ক্লান্ত হৈ এঠাইত
বহি পৰিল আৰু স্মৃতিৰ ওপৰত জোৰ দি ভাবিবলৈ ধৰিলে- চকিনা তাৰ ওচৰৰপৰা কেতিয়া
বিচ্ছিন্ন হৈ পৰিছিল; কিন্তু ভাবিবলৈ
গৈ তাৰ ধ্যান চকিনাৰ মাকৰ মৃতদেহৰ ফালে কেন্দ্ৰীভূত হ’ল, যাৰ
সমগ্ৰ নাড়ী-ভুৰু বাহিৰলৈ ওলাই আছিল- সি আৰু
আগলৈ ভাবিব নোৱাৰিলে.......
চকিনাৰ মাকৰ মৃত্যু হৈছে। তাই
চিৰাজুদ্দিনৰ চকুৰ আগতে শেষ নিশ্বাস ত্যাগ কৰিছে- কিন্তু চকিনা ক’ত
আছে? যাৰ বিষয়ে তাইৰ মাকে মৃত্যুৰ সময়ত
কৈছিল- মোৰ চিন্তা বাদ দিয়া, সোনকলে চকিনাক লৈ ইয়াৰৰপৰা পলাই
যোৱা.......
চকিনা তাৰ লগতে আছিল- আৰু সিহঁতে খালী ভৰিত
দৌৰি আছিল। চকিনাৰ দুপাট্টা(চাদৰ) গাৰপৰা সুলকি পৰিছিল- দুপাট্টা বোটলাৰ কাৰণে সি ৰৈ যাব খুজিছিল। তেতিয়া চকিনাই কৈছিল- আব্বাজান, দুপাট্টাৰ
আশা বাদ দিয়ক। কিন্তু সি দুপাট্টাখন বুটলি লৈছিল- কথাটো মনত পৰাৰ লগে লগে সি কোটৰ
জেপৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে আৰু পকেটত হাত ভৰাই দুপাট্টাখন উলিয়াই আনিলে।
চকিনাৰ সেইখন দুপাট্টা, কিন্তু চকিনা ক'ত?
চিৰাজুদ্দিনে নিজৰ দুৰ্বল স্মৃতিৰ ওপৰত
জোৰ দিলে, কিন্তু সি কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে : সি
চকিনাক ষ্টেচনলৈকে লৈ আহিছিল নেকি? তাই তাৰ লগত
গাড়ীত উঠি বহিছিল নেকি? ৰাস্তাত গাড়ীখন ৰৈ যোৱাৰ সময়ত তাই
নামি গৈছিল নেকি? আচলতে গৰু গাড়ীত উঠি অহাৰ সময়ত তাই বেহুচ
হৈ গৈছিল আৰু সি চকিনাক পিঠিত লৈ বৈ আনিছিল।
চিৰাজুদ্দিনৰ মনত প্ৰশ্নৰ পাছত প্ৰশ্ন
উদয় হ’বলৈ ধৰিলে ; কিন্তু সি কোনো সদুত্তৰ নাপালে।
চিৰাজুদ্দিনৰ সহানুভূতিৰ প্ৰয়োজন আছিল, কিন্তু তাৰ চাৰিও ফালে যিসকল মানুহ
সিঁচৰতি হৈ আছিল, সিহঁতৰ প্ৰত্যেকৰে সহানুভূতিৰ প্ৰয়োজন আছিল।
সি কান্দিবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ চকুই তাক সহায় নকৰিলে।
চকুপানী ক'ৰবাত যেন অদৃশ্য হৈ গৈছিল।
ছয়দিন পাছত সিৰাজুদ্দিনৰ চেতনা ঘূৰি
আহিল আৰু সি আতৰ্জনক সহায় কৰিবলৈ প্ৰস্তুত হৈ থকা আঠজন যুৱকৰ ওচৰলৈ গ'ল।
সিহঁতৰ লৰী
আছিল, বন্দুক আছিল।
সি যুৱককেইজনক লাখ লাখ আশীৰ্বাদ দি
চকিনাৰ বিৱৰণ দিলে- তাইৰ বৰণ বগা আৰু খুবেই সুন্দৰী, মোৰ দৰে নহয়,
তাইৰ মাকৰ দৰে......বয়স সোতৰৰ ওচৰা-উচৰি....ডাঙৰ বহল
চকু...চুলি ক’লা, সোঁ গালত ডাঠ তিল আছে...... মোৰ
একমাত্ৰ ছোৱালী.….…….তাইক বিচাৰি আনি দিয়া, আল্লাহই
তোমালোকৰ মংগল কৰিব.….........
স্বেচ্ছাসেৱক যুৱককেইজনে বৃদ্ধ
চিৰাজুদ্দিনক আশ্বাস দিলে যে, চকিনা জীয়াই থাকিলে কিছুদিনৰ ভিতৰতে
তাইক তাৰ ওচৰলৈ লৈ আহিব।
আঠজন যুৱকে চেষ্টা চলালে। জীৱন হাতৰ
মুঠিত লৈ সিহঁত অমৃতচৰলৈ গ’ল। কে’বা গৰাকী মহিলা,
কে’বা গৰাকী পুৰুষ আৰু কিছু সংখ্যক ল'ৰা-ছোৱালীক
বিচাৰি উলিয়াই সিহঁতে নিৰাপদ স্থানলৈ পঠিয়াই দিলে।
এদিন সিহঁত অমৃতচৰলৈ যোৱাৰ বাটত ছহৰটৰ
ওচৰত ৰাস্তাৰ মাজত এজনী ছোৱালী দেখা পালে- লৰীৰ শব্দ শুনি তাই ৰাস্তাৰপৰা নামি
দৌৰি পলাবলৈ ধৰিলে।
গাড়ী ৰখাই স্বেচ্ছাসেৱককেইজন তাইৰ
পিছে পিছে দৌৰিবলৈ ধৰিলে।
এখন পথাৰৰ মাজত সিহঁতে ছোৱালীজনীক ধৰি
পেলালে- ধুনীয়া ছোৱালী। সোঁগালত ডাঠ তিল চিহ্ন।
সিহঁতৰ মাজৰপৰা এজন যুৱকে ছোৱালীজনীক
উদ্দেশ্য কৰি ক'লে- ভয় নকৰিবা....। তোমাৰ নাম চকিনা নেকি?
ছোৱালীজনীৰ মুখমণ্ডল শেঁতা পৰি গ'ল।
তাই কোনো উত্তৰ নিদিলে। যুৱককেইজনে তাইক অভয় দিয়াত তাইৰ ভয়-শংকা আঁতৰ হ’ল আৰু
তাই স্বীকাৰ কৰিলে যে, তাই চিৰাজুদ্দিনৰ ছোৱালী চকিনা।
যুৱককেইজনে চকিনাক সকলো ধৰণৰ সান্ত্বনা
দিলে। তাইক আহাৰ খোৱালে, লৰীত তুলি ল'লে৷ এজন যুৱকে
নিজৰ কোট খুলি তাইৰ গাত জাপি দিলে, কিয়নো
দুপাট্টাখন নথকাৰ কাৰণে তাই সংকোচ বোধ কৰি আছিল। তাই বাৰে বাৰে নিজৰ হাতেৰে বুকুখন
ঢকাৰ কাৰণে ব্যর্থ চেষ্টা কৰি আছিল।
কে’বাদিনো পাৰ হৈ গ'ল-
চিৰাজুদ্দিনে চকিনাৰ কোনো খা-খবৰ নাপালে।
সি ওৰেটো দিন বিভিন্ন কেম্প আৰু অফিচত
চকৰিৰ দৰে ঘূৰি ফুৰিলে যদিও চকিনাৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে।
ছোৱালীজনী জীয়াই থাকিলে কিছুদিনৰ
ভিতৰতে তাৰ ওচৰলৈ লৈ আহিব বুলি আশ্বাস দি যোৱা যুৱককেইজনৰ সফলতাৰ কাৰণে সি দুপৰ
নিশালৈ উজাগৰে জাগি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ধৰিলে।
এদিন চিৰাজুদ্দিনে কেম্পত সেই
স্বেচ্ছাসেৱক যুৱককেইজনক প্রত্যক্ষ কৰিলে। সিহঁত লৰীত বহি আছিল। সি দৌৰি
যুৱককেইজনৰ ওচৰলৈ
আহিল। লৰীখন যাত্ৰাৰ বাবে সাজু হৈ আছিল। সি সুধিলে- বোপাসকল, মোৰ
চকিনাৰ সন্ধান পালানে......?
আটাইকেইজন যুৱকে একেলগে কৈ উঠিল- পাই
যাম..... পাই যাম।
লৰী গুচি গ'ল। সি আকৌ এবাৰ
যুৱককেইজনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনালে আৰু তাৰ মন ফৰকাল হৈ উঠিল ৷
চিৰাজুদ্দিনে সিদিনাই সন্ধিয়া সিবহি
থকা ঠাইৰ কাষতে কিছু হাই-উৰুমিৰ শব্দ শুনিবলৈ পালে- চাৰ্জিন মানুহে কিবা বস্তু
দাঙি লৈ গৈ আছিল।
সোধা-মেলা কৰি সি জানিবলৈ পাৰিলে যে,
এজনী ছোৱালী ৰে'ল লাইনৰ ওপৰত বেহুচ হৈ পৰি আছিল,
মানুহবিলাকে তাইক উঠাই হাস্পতাললৈ লৈ গৈ আছে।
সি সিহঁতৰ পিছে পিছে খোজ ল'লে।
মানুহকেইজনে ছোৱালীজনীক হাস্পতালত
চমজাই দি গুচি গ'ল।
হাস্পতালৰ বাহিৰত পুতি থোৱা খুঁটাৰ লগত
আঁউজি সি কিছু সময় থিয় দি থাকিল, পাছত সি লাহে লাহে হাস্পতালৰ ভিতৰলৈ
সোমাই গ'ল।
এটি কোঠালিত কোনো মানুহ-দুনুহ নাছিল,
কোঠালিটোত পোহৰো নাছিল। মাথোন এটা ষ্টেচাৰ আছিল আৰু ষ্ট্ৰেচাৰৰ ওপৰত
এটা মৃতদেহ
পৰি আছিল।
সি লাহে লাহে ষ্টেচাৰৰ ফালে আগুৱাই গ'ল।
কোঠালিটো হঠাৎ পোহৰ হৈ উঠিল।
সি মৃতদেহৰ সোঁগালত এটি ডাঠ তিল চিহ্ন
প্রত্যক্ষ কৰিলে আৰু সি চিঞৰি উঠিল- চকিনা.....
কোঠালিটোত লাইট জ্বলোৱা ডাক্তৰজনে
সুধিলে- কি লাগে...?
সি মাথোন এইখিনি উচ্চাৰণ কৰিব পাৰিলে-
জী, মই,.....জী, মই এওঁৰ দেউতাক..........
ডাক্তৰে ষ্টেচাৰত পৰি থকা মৃতদেহৰ ফালে
দৃষ্টি প্ৰসাৰিত কৰিলে, তাৰ পাছত নাড়ী পৰীক্ষা কৰি ক'লে-
খিড়কি খুলি দিয়া।
মৃতদেহৰ গাত চেতনা আহিল।
দুৰ্বল হাতেৰে তাই পাইজামাৰ ফিতা
খুলিলে।
আৰু পাইজামাটো তলৰ ফালে ঠেলি
দিলে......
বৃদ্ধ সিৰাজুদ্দিন চিঞৰি উঠিল- জীয়াই
আছে.....মোৰ ছোৱালীজনী জীয়াই আছে….….…....
ডাক্তৰ মূৰৰ পৰা ভৰিলৈকে ঘামত তিতি
উঠিল।
(জনসাধাৰণ-২৬/০১/১৫)
সৰিয়হ ফুল
(মূল উর্দু- মহঃ
কে মহতাজ)
সহজ-সৰল, ওখ-পাখ আৰু
দেখিবলৈ ধুনীয়া কাৰণে বলবিন্দৰৰ প্ৰতি মোৰ আগ্ৰহ ওপজা নাছিল। কাৰণ তেনেকুৱা
ওখ-পাখ, পকা থেকেৰাৰ দৰে গাৰ বৰণ, দীঘল চুলিৰ
ছোৱালী পঞ্জাৱৰ গাঁৱে-ভূঞে সচৰাচৰে দেখিবলৈ পোৱা যায়। বলবিন্দ ফিৰোজা ৰঙৰ ছেলোৱাৰ কামিজ
পিন্ধি আছিল আৰু তাইৰ কান্ধত ক'লা ৰঙৰ ভেনিটি বেগ ওলমি আছিল। কিন্তু
সেইবোৰে মোক প্ৰভাৱিত কৰিব পৰা নাছিল। আচলতে এজন অপৰিচিত পুৰুষৰ লগত
মুকলি-মূৰীয়াকৈ কথা পতাৰ কাৰণেহে বলবিন্দৰৰ প্ৰতি মোৰ আগ্ৰহ উপজিছিল। অর্থাৎ ক’বলৈ গ’লে
বলবিন্দৰৰ সাহসিকতা আৰু সৰলতাইহে মোক প্ৰভাৱিত কৰিছিল।
ফিৰোজপুৰৰ আকাশ লৈ তেতিয়া সন্ধিয়া
নামি আহিছিল আৰু ফিৰোজপুৰৰ পৰা মোগালৈ যোৱা বাছখন যাত্ৰাৰ বাবে সাজু হৈ আছিল। “খৰধৰকৈ
টিকট কাটি মই বাছত উঠি বহিলো। সিদিনা ৰাতি মোগালৈ যোৱা এইখনেই আছিল অন্তিম বাছ।
সেয়ে মই আহি পোৱাৰ আগতে বাছখন এৰি দিলে সিদিনা ৰাতি মোগালৈ যোৱাৰ বাবে
বেলেগ কোনো বিকল্প ব্যৱস্থা নাছিল। কাৰণ তেতিয়া দেশৰ পৰিস্থিতি ভাল নাছিল। সেয়ে
মোগালৈ যোৱা অন্তিম বাছখন সন্ধিয়া ছয় বজাতে এৰে আৰু ৰাতি আঠমান বজাত মোগা গৈ
পায়। সেয়ে ৰাতি আঠমান বজাত মোগা গৈ পামহি বুলি মই বন্ধু ৰাম সিঙক
আগতীয়াকৈ জনাই থৈছিলো। গতিকে মই আহি পোৱাৰ আগতে বাছখন এৰি দিলে ৰাম সিঙ খুব অস্বস্তিত
পৰিলেহেঁতেন। কোনো দুর্ঘটনাত মৃত্যু নাইবা ক’ৰবাত ধৰা পৰা
বুলি অথবা মই তেতিয়া পঞ্জাৱত মুকলি-মূৰীয়াকৈ ঘূৰি ফুৰা কোনোবা আতংকবাদীৰ বন্দুকৰ গুলীৰ চিকাৰ
হোৱা বুলি ভাবিবলৈ বাধ্য হ'লহেঁতেন।
এইবোৰ কথা ভাবি ভাবি মই বাছৰ ছিটত
শান্তভাবে বহি আছিলো। সেয়ে ইতিমধ্যে খালী হৈ যোৱা পকেটৰ ফালে মই লক্ষ্যই কৰা নাছিলো।
প্রথমে বলবিন্দৰে এই বিষয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে- ডাঙৰীয়া, আপোনাৰ
মানিবেগ টিকেট কাউণ্টাৰত এৰি থৈ আহিছিল নেকি?
মই যুৱতীগৰাকীৰ ফালে মূৰ তুলি চালো।
যুৱতীগৰাকীও মোৰ ফালেই চাই আছিল। তথাপিও যুৱতীগৰাকীয়ে যে মোকেই কিবা কৈছে এই
বিষয়ে মই প্রথমতে নিশ্চিত হ’ব পৰা নাছিলো।
হয়তো আপোনাৰ মানিবেগটো ভুলতে টিকেট
কাউণ্টাৰৰ খিড়িকীৰ ৰেলিঙৰ ওপৰত এৰি থৈ আহিছিল।। যুৱতীগৰাকীয়ে মোৰ দৃষ্টি আকৰ্ষণ
কৰিবলৈ পুনৰ ক'লে।
যুৱতীগৰাকী মোৰ ছিটৰ কাষতে মোৰ ফালে
অকনমান আঁউজি থি দি আছিল আৰু তাইৰ দীঘল ৰেচম কোমল চুলিকোছাই মোৰ শৰীৰ স্পৰ্শ
কৰি আছিল। ফলত মই এক মিঠা শিহৰণ অনুভৱ কৰি আছিলো। কিন্তু যুৱতীগৰাকীৰ কথাত মোৰ
ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ উঠিল আৰু মই জাঁপ মাৰি বহাৰপৰা উঠি থিয় হৈ মোৰ
পকেট খেপিয়াবলৈ ধৰিলো। মোৰ পকেটত মানিবেগ নাছিল। ততাতৈয়াকৈ মই বাছৰ দুৱাৰৰ ফালে আগবাঢ়িলো।
তেতিয়া বলবিন্দৰে মোক বাধা দি ক'লে-
চিন্তা নকৰিব। মই আপোনাৰ মানিবেগটো লৈ আহিছো। এইদৰে কৈয়ে তাই তাইৰ ভেনিটি বেগৰপৰা
মানিবেগটো উলিয়াই মোৰ হাতত দিলে। বলবিন্দৰৰ উদাৰতাত মই মুগ্ধ হ’লো।
তাইক ধন্যবাদ জনোৱাৰ ভাষা বিচাৰি নাপাই মই সেমেনা-সেমেনি কৰিবলৈ ধৰিলো।
সভ্যতা-সংস্কৃতি, আচৰণৰ ফালৰপৰা পাছপৰা এটি সীমান্ত অঞ্চল ।
সেয়ে তাত যে মই এনেকুৱা হাঁহিমুখীয়া আৰু সৰল স্বভাৱৰ এগৰাকী যুৱতীৰ সাক্ষাৎ
পাম সেয়া মই সপোনতো কল্পনা কৰা নাছিলো। বলবিন্দক মই মোৰ কাষৰ খালী ছিটত বহিবলৈ আমন্ত্রণ
জনালো। বিনাদ্বিধাই তাই মোৰ আমন্ত্ৰণ স্বীকাৰ কৰি মোৰ কাষৰ ছিটত বহি ভেনিটি
বেগৰপৰা ঊণসূতা উলিয়াই ছুৱেটাৰ ওঁঠিবলৈ ধৰিলে।
আচলতে স্বাভাৱিক ভয়ৰ কাৰণে ভুলতে মই
মানিবেগটো তেনেকৈ এৰি আহিছিলো। মই বলবিন্দক জনালো যে, আতংকবাদী
অধ্যুষিত অঞ্চল
ভ্ৰমণ কৰি মোৰ অনুভৱৰ ওপৰত প্রতিবেদন প্রস্তুত কৰিবলৈ এখন বিখ্যাত বাতৰি কাকতৰ
তৰফৰ পৰা মোক ইয়ালৈ পঠোৱা হৈছে। দিনৰ শেষত এইটো অঞ্চলত সকলো নিজম পৰি
যায়, প্রশাসন নির্লিপ্ত হৈ পৰে, অসামাজিক কার্য মুকলি-মূৰীয়াকৈ সংঘটিত
কৰা হয় আৰু আতংকবাদীসকলে অন্তিম বাছ ধৰিব নোৱাৰা
যাত্ৰীসকলৰ ওপৰত প্ৰভু হৈ পৰে। এইদৰেই মোক কৈ পঠোৱা হৈছে। সেয়ে অন্তিম বাছ গুচি যোৱাৰ
ভয়ত মই ওচৰৰ এখন গাঁৱৰপৰা ঘোঁৰাগাড়ী লৈ আহিব লগা হৈছে। মই টিকট কাউণ্টাৰত
মানিবেগ এৰি অহাৰ কাৰণো হয়তো এইটোৱে।
মোৰ চিন্তাৰ কাৰণ উপলব্ধি কৰিব পাৰি
বলবিন্দৰে মিচিকিয়া হাঁহি মাৰি তলমুৱা হৈ ছুৱেটাৰ গুঁঠি গুঁঠি ক’লে-
আপুনি কোৱা ধৰণে ভয়ৰ কোনো কাৰণ নাই। আচলতে বাহাদুৰ শ্বাহ, জাফৰবাগ
আৰু কৰ্ণাট প্লেচৰ ওখ ওখ অট্টালিকাত বাস কৰা মানুহবিলাকে এনেয়ে গাঁৱৰ অন্ধকাৰ লৈ
ভয় কৰে।
বলবিন্দহঁতৰ ঘৰ মোগাৰ ওচৰৰ এখন গাঁৱত।
তাই ফিৰোজপুৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসৰ অধ্যাপিকা। তাই এইদৰে
নিজৰ পৰিচয় দি পুনৰ ছুৱেটাৰ গুঠিবলৈ ধৰিলে, আৰু মই মোৰ
যাত্ৰাৰ দ্বিতীয় পৰ্বৰ প্ৰতিবেদনৰ বিষয়ে ভাবিবলৈ ধৰিলো৷ অৱশ্যে ইয়াৰ
মাজতে আমি ইজনে সিজনৰ লগত ভাব বিনিময়ৰ কাৰণে ইটো সিটো কথা পাতি গৈ থাকিলো।
বাহিৰত শীতৰ মাত্ৰা লাহে লাহে চৰি হৈ
গৈ আছিল। ফলত বাছৰ দুৱাৰ খিড়িকীবোৰ বন্ধ কৰি দিয়া হৈছিল। আন্ধাৰ গাঢ়ৰপৰা গাঢ়তৰ
হৈ গৈ
আছিল আৰু মোৰ ভাবনাত ৰাতিৰ অন্ধকাৰত বাছ ৰখাই নিৰীহ নির্দোষী যাত্ৰীক গুলীয়াই
হত্যা কৰা পঞ্জাৱৰ সেই দুৰ্ঘটনাৰ দৃশ্যসমূহ সজীৱ হৈ আছিল । পঞ্জাৱত তেতিয়া বাছ
ৰখাই বয়-বস্তু লুট-পাত কৰা হৈছিল আৰু কেতিয়াবা বাছৰ ভিতৰলৈ বোমা দলিয়াই দিয়া
হৈছিল। তেতিয়া
সেই নিৰীহ যাত্ৰীসকলৰ কি অৱস্থা হৈছিল! আমাৰ বাছখনো যদি তেনেকৈ অপহৰণ কৰি
খেতি-পথাৰৰ মাজলৈ নিয়া হয়, তেনেহ'লে আমাৰ অৱস্থা
কি হ’ব? এইবোৰ কথা কল্পনা কৰি মই এবাৰ হঠাৎ ভয়ত কঁপি
উঠিলো আৰু ছিটৰ লগত আঁউজি বহি চকু মুদিলো।
আপুনি ভয় কৰিছে নেকি? যাব
ক’লৈ? বলবিন্দৰে সুধিলে।
মোগালৈ। মোৰ এজন বন্ধুৰ ওচৰলৈ যাম। এই সময়ত
তাত ঘোঁৰাগাড়ী নাইবা ৰিক্সা পোৱা যাব নেকি?
আপুনি আমাৰ তাত থাকি নাযায় কিয়?
মোগা গৈ পোৱাৰ দুই কিলোমিটাৰ আগতে ৰাস্তাৰ দাঁতিতে আমাৰ ঘৰ। ৰাতিপুৱা
যাব পাৰিব।
কিন্তু মোৰ বন্ধুই দেখোন মোগাত মোৰ
কাৰণে অপেক্ষা কৰি থাকবি!
আমাৰ কোনোবা লগুৱাৰ হতুৱাই তেওঁলৈ খবৰ পঠিয়াই
দিমহি বাৰু।
মধুৰ ভাষিণী যুৱতীগৰাকীয়ে ইমান
সহৃদয়তা আৰু স্বাভাৱিকভাবে আমন্ত্ৰণ জনালে যে, সেই আমন্ত্রণ
অস্বীকাৰ কৰিব নোৱাৰিলো। সেয়ে মোগা গৈ পোৱাৰ আগতেই মই বলবিন্দৰৰ লগত
বাছৰপৰা নামি পৰিলো।
বাহিৰত প্ৰচণ্ড ঠাণ্ডা। চেঁচা বতাহৰ
আঘাতত মোৰ মুখমণ্ডল অসাৰ হোৱাৰ উপক্ৰম হ'ল। গৰম কাপোৰেও শৰীৰটোক শীতৰ
প্ৰকোপৰপৰা ৰক্ষা
কৰিব নোৱাৰা হ’ল। বলবিন্দহঁতৰ ঘৰৰ ভিতৰত সোমোৱাৰ পাছতহে
শৰীৰলৈ চেতনা ঘূৰি আহিল। বলবিন্দৰে মোৰ কাৰণে এটি কোঠালিত বিছনা পাৰি দিলে। কোঠালিত দুখন
চকী, এখন সৰু মেজ আছিল। মেজৰ ওপৰত এটি জগত পানী ভৰাই থোৱা আছিল। গাত কম্বল,
লেপ জাপি বহাৰ পাছতহে শীতৰপৰা কিছু সকাহ পালো আৰু মোৰ ওৰেটো দিনৰ
ক্লান্তিও কিছু আঁতৰ হ’ল।
মই যেন কোনোবা মকৰা জালত সোমাই পৰিছো,
কিছু সময় পাছতে মোৰ তেনেকুৱা উপলব্ধি হ’বলৈ ধৰিলে।
বেৰৰ কাষত কম পোহৰৰ এটি বাল্ব জ্বলি
আছিল। হঠাৎ দুৱাৰ খোল খাই গ'ল। দুৱাৰ ঠেলি মানুহ এজন কোঠালিৰ
ভিতৰলৈ সোমাই আহিলে। মানুহজন ওখ-পাখ, হৃষ্ট-পুষ্ট।
হাত-ভৰি দীঘল। মুখমণ্ডলত ঘন ক’লা দঢ়ি। ৰঙা মূলাৰ দৰে গাৰ বৰণ। সি
মূৰত বগা পাগুৰি পিন্ধি আছিল আৰু গাত ৰঙীন চাদৰ জাপি আছিল । তাৰ
হাত-ভৰি দেখি মই ভয়ত পেঁপুৱা লগাৰ উপক্ৰম হ’লো। তাৰ দুটা
ঘোচাই মোক সিপুৰীলৈ পঠোৱাৰ কাৰণে যথেষ্ট। গাত লেপ জাপিয়ে মই ভয়ত
জাঁপ মাৰি থিয় হ'লো।
সেই ভয়ানক ব্যক্তিজন আছিল বলবিন্দৰৰ
ককায়েক গুৰজিত। তাৰ লগত কৰমৰ্দন কৰাৰ সময়ত মোৰ হাতখন কান্ধৰপৰা ছিঙি যোৱা যেন
অনুমান হ’ল। সি চাদৰৰ তলৰ পৰা মদৰ বটল উলিয়াই মেজৰ ওপৰত থৈ ক'লে-
গাঁৱৰ আচল বস্তু নাখাব বুলি মই চহৰৰপৰা আপোনাৰ কাৰণে বিলাতী মদ লৈ আহিছো। নিমখ-চানা ল’ব,
নে মূলা-টমাটোৰ চ’প ল’ব?
গুৰজিতে আলমাৰিৰপৰা দুটা গিলাচ উলিয়াই
মেজৰ ওপৰত থৈ খট্কৈ বটলৰ সাঁফৰ খুলিলে। তাৰ পাছত চকীত বহি গিলাচত মদ ঢালিবলৈ
ধৰিলে।
ৰ’বা চৰ্দাৰ্জী,
ৰ’বা। মই বাধা দি ক'লো- মোৰ কাৰণে
নাঢালিবা। মই মদ নাখাওঁ।
ই কেনেকৈ সম্ভৱ ? আজি-কালি
কোনে মদ নাখায়? শুনিছো, সংবাদপত্ৰৰ
মানুহে হেনো বিহ হ’লেও খায়। কোৱা, পানী মিহলাম,
নে সুদা মদকে খাব?
চৰ্দাৰ্জী, মোৰ দেউতাৰ শপত।
মই কেতিয়াও মদ স্পৰ্শ কৰি পোৱা নাই। মই অসহায়ভাবে ক’লো।
বাৰু, আগতে খোৱা নাই
যদিও আজি খাই লোৱা। ইয়াত বৰ ঠাণ্ডা। মদ নাখালে ৰাতিৰ ভিতৰতে তোমাৰ তেজ গোট মাৰি
যাব। ফলত ৰাতিপুৱা
বিছনাত তোমাৰ নিথৰ দেহটোহে পোৱা যাব। তেতিয়া তোমাক অপহৰণ কৰি আনি হত্যা কৰাৰ
অপৰাধত পুলিচে আমাক গ্ৰেপ্তাৰ কৰি লৈ যাবহি। বাহে গুৰু বোলা আৰু
গিলাচ উঠোৱা।
মই সঁচাকৈয়ে কোনোদিনে মদ স্পৰ্শ কৰি
পোৱা নাই।
বাৰু, তেনেহ'লে
মোৰ মূৰৰ ওপৰত হাত থৈ শপত খোৱা। গুৰজিতৰ কথা মতে মই মোৰ মৰা মুৰ্গিৰ দৰে হাত
গুৰজিতৰ মূৰৰ ওপৰতথ’লো। সি মোৰ গিলাচৰ মদখিনি নিজৰ গিলাচত ঢালি লৈ
ক’লে- তেনেহ'লে ভৰা গিলাচৰ লগত খালী গিলাচ স্পৰ্শ কৰা।
গুৰজিতৰ কথা মতে মই বাধ্য হৈ মোৰ খালী
গিলাচ গুৰজিতৰ ভৰা গিলাচৰ লগত স্পৰ্শ কৰিলো। গুৰজিতে দুই ঢোকতে গিলাচৰ মদ শেষ
কৰি ক'লে- গৰম গাখীৰ ল’বাতো?
নিশ্চয় ল’ম। মই বিপদৰপৰা
পৰিত্ৰাণ পোৱাৰ কাৰণে ক’লো।
গুৰজিতে গিলাচ বটল তেনেকৈ পেলাই থৈয়ে
গাখীৰ আনিবলৈ বাহিৰলৈ ওলাই গ'ল। বাঘৰ গুহাত কেনেকৈ প্ৰৱেশ কৰিলো,
হাত-ভৰি মোহাৰি মোহাৰি তাকে ভাবিবলৈ ধৰিলো। এই মানুহজনে
আধা বটল মদ খোৱাৰ পাছতে আছাৰি আছাৰি মোৰ জীউ বাহিৰ কৰি পেলাব। শিখসকলৰ
বেলেগ মানুহৰ প্ৰতি যি খং আজি সেই সকলো খং মোৰ ওপৰতে ঢালিব ! কিয় এই বালিয়ালিখন
কৰিলো মই? মই বন্ধু ৰাম সিঙৰ ওচৰলৈ যোৱাই উচিত আছিল৷ এতিয়া মই তাৰ
ঘৰত বহি সীমান্ত এলেকাৰ পৰিস্থিতিৰ ওপৰত প্ৰতিবেদনহে প্ৰস্তুত কৰাৰ কথা আছিল।
কিন্তু হ’ল
তাৰ ওলোটাটোহে। এতিয়া মই নিজেই সেই ভয়ংকৰ পৰিস্থিতিৰ চিকাৰ হৈছো। বলবিন্দৰৰ কোনো
খা-খবৰ নাই। ৰাতিপুৱা তাইক দেখা পোৱা যাব, নে নাই তাতো
সন্দেহ আছে।
গুৰজিত গাখীৰ লৈ উভতি আহল। গিলাচত
গাখীৰ ভৰাই সি মোলৈ আগবঢ়ালে। গৰম গাখীৰ। মই এঢোক এঢোককৈ গাখীৰ খাবলৈ ধৰিলো।
গুৰজিতে বটলৰ মদ শেষ কৰিয়ে মোক পিটিবলৈ আৰম্ভ কৰিব বুলি মোৰ ভয় হ’ল।
মই তাৰ মনৰ বুজ ল’বলৈ ক'লো- গুৰজিত ভাই, মই তোমাৰ কথা
ৰখা নাই; কিন্তু তুমি মোৰ এষাৰ কথা ৰাখা। তুমি মোৰ লগত এগিলাচ গাখীৰ খোৱা।
আমাৰ বুকু বৰ বহল, বাবুজী।
মই তোমাক নিৰাশ নকৰোঁ।
গুৰজিতে গাখীৰত অলপ অলপ মদ মিহলাই
খাবলৈ ধৰিলে। সি সন্ধিয়া চাৰি ঘণ্টা ট্ৰেক্টৰ চলাই আহিছে। ফলত সি পৰিশ্ৰান্ত। সি কোৱামতে,
সি ঘৰলৈ অহাৰ পাছতে দিল্লীৰপৰা সিহঁতৰ ঘৰলৈ সাংবাদিক অহাৰ কথা
বলবিন্দৰে তাক জনাইছে আৰু তাৰ ওপৰতে মোৰ দেখা-শুনাৰ দায়িত্ব অর্পণ কৰিছে।
আগতে জানিলে, চহৰৰপৰা মাছ আৰু
পত্নীৰৰ পোকৰা লৈ আহিলোহেঁতেন। গুৰজিতে ক’লে-বাবুজী, আমাৰ ইয়াৰ
অৱস্থা জনাৰ কাৰণে তোমালোক দিল্লীৰপৰা কিয় আহিছা? এই
কাজিয়াখন তোমালোকে দিল্লীত বহিয়ে সমাধান নকৰা কিয়? এই মৰা-মৰি
তোমোলোকে দিল্লীতো
কৰিব পৰা দেখোন! তেতিয়া বাতৰি কাকত বিক্ৰীৰ কাৰণে খবৰ বিচাৰি অহাৰ প্ৰয়োজন নহ’ব।
তাতেই খবৰ পাবাহি। মিছাতে আমাক কিয় ব্যতি-ব্যস্ত কৰা আৰু নিজেও
ব্যতিব্যস্ত হোৱা? ইয়াততো ট্ৰেক্টৰ চলোৱাৰ পাছত ৰাতি গাত কম্বল
জাপি শুই পৰিবলৈহে মন যায়।
এনেতে দুৱাৰ মেল খালে। হাঁহিমুখীয়া
বলবিন্দৰ, তাইৰ ভায়েক-ভনীয়েক আৰু দেউতাক সমন্বিতে এক সুখী পৰিয়াল কোঠালিৰ ভিতৰলৈ
সোমাই আহিল। দিল্লীৰপৰা মই যেন কোনোবা মহান ব্যক্তিহে সিহঁতৰ ঘৰলৈ আহিছো, এনেকুৱা
সভ্ৰমেৰে সিহঁতে মোৰ লগত ব্যৱহাৰ কৰিবলৈ ধৰিলে। সাংবাদিকৰ নেজ আছে নে
নাই তাকে চাবলৈ যেন বলবিন্দৰৰ ভনীয়েক ইন্দাৰ সিঙে মোৰ চাৰিওফালে ঘূৰি ঘূৰি চাবলৈ
ধৰিলে।
আহাৰ সাজু হৈছে। সিহঁতে মোক আহাৰৰ
কাৰণে মাতিবলৈ আহিছে। শাক, চবজি, এডজন কণীৰ আমলেট,
পনীৰ, আচাৰ, মৌ, চাট্নি, মাখন,
ফলকে আদি কৰি যিমান খাদ্য আছিল সকলো মেজৰ ওপৰত সজাই থ’লে।
মই অসহায়ভাবে বলবিন্দৰৰ ফালে চালো। বলবিন্দৰে মুকুতা দৰে দাঁতবোৰ ওঁঠেৰে লুকোৱাবলৈ
চেষ্টা কৰিবলৈ ধৰিলে। তাইৰ চকুত দুষ্টালি ভৰা দৃষ্টি আৰু তাইৰ চকুৰ ভাষাই যেন কৈ
আছিল, কওঁ নে বন্ধু কেনেকৈ ধৰা পৰিছা?
বলবিন্দৰৰ দেউতাক দয়া সিঙে মোৰ পিঠিত
হাত বুলাই সুধিলে- খুড়া, বাতৰি কাকত প্রতিদিনেই কিয় ছপোৱা হয়?
দিনৰ খবৰতো দিনতে ছপোৱা উচিত। আজিৰ খবৰ
কাইলৈ বাহী হৈ নাযাব জানো?
কিন্তু কেতিয়াবা হ’লেওতো
বন্ধ ৰখা উচিত। ইফালে মানুহে বৰ কষ্ট পায়।
দয়া সিঙৰ কথাৰ মাজত প্ৰচণ্ড খং
প্রচ্ছন্ন হৈ আছিল। কথাটো মই উপলব্ধি কৰিব পাৰিলো।
ৰাতি কোমল তুলিৰ আৰামদায়ক বিছনাত মোক
শুৱলৈ দিলে। গাত জাপিবলৈ মখমলৰ লেপ আৰু কম্বল দিলে। কোনোবা দীক্ষাগুৰুকহে যেন
আলপৈচান ধৰি আছে এনেকুৱা এটি ভাব সকলোতে প্রচ্ছন্ন হৈ আছিল। মই লেপ জাপি শোৱাৰ
কিছু সময় পাছতে ৰাতিৰ পোছাক পিন্ধি গাখীৰৰ গিলাচ লৈ বলবিন্দৰ কোঠালিৰ
ভিতৰলৈ সোমাই আহিল। তাইৰ খোলা চুলি পিঠিত ঢৌ খেলি আছিল।
মোৰ জীৱন নাশ কৰিবলৈ সংকল্প লৈছে নেকি?
মই গাখীৰৰ গিলাচৰ ফালে আঙুলিয়াই হাঁহি মাৰি ক'লো।
আপুনি নিজেই বাতৰি কাকতত লেখিছে,
যে ইয়াৰ সকলো মানুহৰ জীৱন বিপদাপন্ন। মই বলবিন্দৰক বাছত পঢ়িবলৈ
দিয়া বাতৰি কাকতখন গাউনৰ জেপৰপৰা উলিয়াই মোক দেখুৱাই ক'লে।
তাৰ পাছত তাই গাখীৰৰ গিলাচটো মেজৰ ওপৰত নমাই থৈ দুৱাৰৰ ফালে আগবাঢ়ি গ'ল। তাইৰ খোজৰ
তালে তালে কঁকাললৈকে বৈ পৰা দীঘল ঘন ক’লা চুলি সাগৰৰ ঢৌৰ দৰে তাইৰ কঁকালৰ
ওপৰত ঢৌ খেলিবলৈ
ধৰিলে।
ইয়াৰ পৰিস্থিতি খুবেই বিস্ফোৰক বুলি
বাতৰি কাকতত ছপোৱা লেখাবোৰ মই গাত লেপ জাপি মনত জুকিয়াই চাবলৈ ধৰিলো। পঞ্জাৱত মানুহৰ
নিৰাপত্তা নাই, মানুহবিলাকে ইজনে সিজনৰ লগত কথা নাপাতে। ভ্রমণ
কৰাও বিপদজনক হৈ পৰিছে। গাড়ী-মটৰত মানুহ ভূতৰ দৰে জুপুকা মাৰি বহি থাকো কোন কেতিয়া,
কেনেকৈ হত্যাৰ চিকাৰ হয় তাৰ একো ঠিক নাই। ইত্যাদি.……...ইত্যাদি...
লগতে কিছুসংখ্যক মানুহৰ সাক্ষাতকাৰো ছপোৱা হৈছে।
পাছদিনা মোগাৰ পৰিৱৰ্তে লুধিয়ানালৈ
বুলি যাত্ৰাৰ বাবে সাজু হ’লো। বলবিন্দৰো কাপোৰ-কানি পিন্ধি ওলাই
আহিছিল। তাই স্কুলৰ কামত লুধিয়ানালৈ যাব লগা আছিল। এনেতে তাইৰ
মাকে আহি ক'লে- গাভৰু ছোৱালী, অকলে যাবি নেকি?
এইদৰে কৈয়ে তাই মোৰ ফালে আঙুলিয়াই ক’লে- এওঁৰ লগত
যাগৈ। সন্ধিয়াৰ আগে আগে উভতি আহিবি।
আমি দুয়ো একেলগে বাছত উঠি বহিলো।
ৰাস্তাৰ দুকাষে ঘেঁহু আৰু সৰিয়হ খেতি। কুঁৱলি ফালি তেতিয়া সূৰ্যটো ওলাই আহিছিল
আৰু ৰ'দৰ
পোহৰত খেতি-পথাৰবোৰ সাৰ পাই উঠিছিল। খিড়িকীৰ কাঁচত লাগি থকা কুঁৱলিবোৰ ৰ’দৰ
উত্তাপত পমি পানীৰ সোঁতৰ দৰে বৈ আছিল। ফলত বাহিৰৰ দৃশ্যসমূহ অধিক
স্পষ্টভাবে দৃষ্টিগোচৰ হৈ আছিল। বলবিন্দৰ মোৰ গাত গা লগাই বহি আছিল আৰু প্ৰচণ্ড
ঠাণ্ডাত তাইৰ
নাক ৰঙা পৰি আছিল। তাইৰ শৰীৰৰ উত্তাপত মোৰ কাপোৰৰ ভিতৰৰ গৰম বতাহ তুষাৰৰ দৰে মোৰ
শৰীৰত ঢৌ খেলিবলৈ ধৰিলে। মই এক ধৰণৰ মিঠা পুলক অনুভৱ কৰিবলৈ ধৰিলো। মই ক'লো-
বলবিন্দৰ, বাহিৰৰ দৃশ্য খুবেই মনোৰম। সৰিয়হৰ ফুলবোৰ বৰ ধুনীয়া। বসন্তক
যেন কোনোবাই পৃথিবীত সিঁচৰতি কৰি দিছে। মইতো আকৌ দিল্লীত শুনিছিলো যে, ইয়াৰ
খেতি-বাতি ধ্বংস হৈ গৈছে, অলি-গলি নিজম পৰি আছে আৰু মাটিৰ পৰা তেজৰ সোঁত
বৈ আছে।
ইতিহাসৰ অধ্যাপিকাগৰাকীয়ে উত্তৰত ক’লে-
এয়া মাটি। ইয়াৰ স্বভাৱ কেতিয়াও সলনি নহয়। কান্দাহাৰৰপৰা কুৰুক্ষেত্ৰলৈ
কিমানবাৰ তেজৰ
সোঁত বৈ গৈছে, কিমানবাৰ জুই লগোৱা হৈছে, কিমান
যাঠি, শূল বুকুত বিন্ধোৱা হৈছে, কিন্তু আগতে যেনেকৈ ইয়াৰ বুকুত সৰিয়হ
ফুল ফুলিছিল,
এতিয়াও ঠিক তেনেকৈয়ে ফুলে। কিয়নো মাটিয়ে কেতিয়াও স্বভাৱ সলনি
নকৰে।
মানুহৰ দৰে.... মই টপৰাই ক’লো।
বলবিন্দৰে মোৰ ফালে এনেকৈ চালে,
যেন তাই উপলব্ধি কৰিব পাৰিছে এইবাৰ মোৰ প্ৰতিবেদনত মই কি লেখিম।
(অগ্রদূত- ৮ এপ্রিল/২০১৩)
উপদেশ
মূল (তেলেগু-
বালিৱাড় কান্ত)
মূৰ্তিৰ বেলেগ নাম আছে। কিন্তু মানুহে
তাক বিশেষকৈ মূৰ্তি নামেৰেই জানে। মূৰত বগা পাগুৰি, হাতত লাঠি লৈ
সেয়া কোন আহি আছেচোৱাৰ ভংগীত সি কুঁহিয়াৰ খেতি থিয় দি আছে। সম্প্রতি সি
দাঢ়ি-চুলি দীঘলকৈ ৰাখিছে। সেই বুলি ইয়াৰ তাৎপৰ্য এইটো নহয় যে, সি
সাধু-সন্ন্যাসীৰ দলত যোগদান কৰিছে।
বাঃ! তোমাক দেখোন একেবাৰে ব্ৰহ্মজ্ঞৰ
দৰে দেখা গৈছে। মূৰ্তিক তেনেকৈ থিয় দি থকা দেখি ধৰ্মৰাজে ক’লে।
মোৰ দৰে খেতি-বাতি কৰা মানুহ এজনক তুমি
ব্ৰহ্মজ্ঞ বুলি কৈছা ! তেনেহ'লে তোমাৰ দৰে একো এটা উৎপাদন নকৰা
মানুহক কি বুলি কোৱা যায়, কোৱাচোন?
মূর্তিয়ে কিছু কর্কশ কণ্ঠত ক’লে।
মূৰ্তিৰ উপহাসে ধৰ্মৰাজৰ হৃদয়ত যেন
কৰতহে চলালে। কিন্তু নিজৰ কাম সিদ্ধিৰ খাতিৰত মনে মনে থকাটোকে উচিত বুলি ভাবি সি কোনো
ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে আৰু মুখমণ্ডলত চেষ্টাকৃত হাঁহিৰ ৰেখা ফুটাই ক’লে-
মইতো আকৌ ভাবিছিলো, প্রশংসা শুনিলে তুমি গংগাটোপৰ দৰে ফুলি উঠিবা।
তুমি আৰু তোমাৰ প্ৰশংসা শুনি গংগাটোপৰ
দৰে ফুলি উঠিম, বাঃ! বেদজ্ঞই মাথোন উপদেশহে দিয়ে। ইয়াত দুজন
বেদজ্ঞ উপস্থিত থকা সত্ত্বেও তুমি কি ভাবিনো মোক ব্ৰহ্মজ্ঞ বুলি ক’লা?
মূৰ্তিয়ে উপলুঙাৰ সুৰত ক'লে।
দ্বিতীয়জন কোন? ধৰ্মৰাজে
সুধিলে।
ঃকুৱেৰ ৰাও। তোমাৰ বন্ধু। সি তোমাৰ লগত
ইয়ালৈ আহি পাছত ৰৈ থকাটো মই নাজানো বুলি ভাবিছা নেকি?
তোমাৰ ওচৰলৈ মই কোনো কামৰ কাৰণে অহা
নাই। ধৰ্মৰাজে আত্মপক্ষ সমর্থন কৰি ক'লে- তাত বহুতো শ্রমিক ভোকত মৰি আছে। মই সিহঁতৰ
সহায়ৰ কাৰণেহে আহিছো। তুমি সিহঁতৰ চিঞৰ-বাখৰ শুনা নাই জানো?
তোমৰ উদ্দেশ্য কি? মূৰ্তিয়ে
কিছু উষ্মাৰে সৈতে ক’লে- নিজৰ ভাল-বেয়া মই নিজেই উপলব্ধি কৰিব
পাৰো। তুমি এতিয়া ইয়াৰপৰা আঁতৰি যোৱাগৈ।
কোনোবাই নিজৰ ছাঁৰপৰা আঁতৰি থাকিব পাৰে
জানো? নিশ্চয় নোৱাৰে...। শ্ৰমিকসকল আৰু তুমিয়ে মোক এইদৰে থিয় কৰাইছা। এতিয়া
তুমি মোৰ সংগ ত্যাগ কৰিলে মই চলিম কেনেকৈ? সৌফালে চোৱা। ধৰ্মৰাজে বিশেষ দিশলৈ
আঙুলিয়াই ক'লে।
কৃষ্ণমূৰ্তিয়ে নিজৰ বাওঁফালে চালে।
দূৰত মিলৰ চিমনিৰপৰা ধোঁৱা ওলাই থকা তাৰ দৃষ্টিগোচৰ হ’ল।
: যদি সৌ চিমনিৰপৰা ধোঁৱা নুলায়,
তেনেহ'লে তাত কাম কৰা শ্ৰমিকসকলৰ অৱস্থা কি হ’ব
সেই কথা তুমি উপলব্ধি কৰিব নোৱাৰিবা। কাৰণ শ্রমিক সংগঠনবোৰ কাৰ হাতত আছে
সেয়া হয়তো তুমি নাজানা ! সিহঁতে মিলবোৰ পুৰি ছাঁই কৰি পেলাব পাৰে গাঁৱৰ পাছত
গাঁও ধ্বংস
কৰিব পাৰে।
ঃতেনেহ'লে মই এই
ক্ষেত্ৰত কি কৰিব পাৰো?
: তোমাৰ কুঁহিয়াৰবোৰ সেইটো মিলক দি
দিয়া।
: কুবেৰ ৰাৱে কুঁহিয়াৰৰ যি মূল্য দি আছে,
তাত মোৰ লোকচান হ'ব।
ঃ কুঁহিয়াৰৰ খেতি কৰি ইয়াতকৈ আৰু কিমান
অধিক লাভৰ আশা কৰিছা?
অধিক লাভৰ আশা কৰা নাই। উচিত মূল্যহে
বিচাৰিছো। এইদৰে কৈ মূৰ্তিয়ে ক’লে- চেনিৰ মূল্য কোনে বঢ়াইছে?
ঃবিজুলিৰ মূল্য হ্রাস কৰাৰ কথা আছিল,
কিন্তু চৰকাৰে সেয়া নকৰিলে।
: তোমালোকৰ আন্দোলনৰ ফলত শ্ৰমিকসকলৰ
পাৰিশ্ৰমিক বাঢ়িল সঁচা; কিন্তু সেই অনুপাতে কাম বঢ়া নাই,
বৰং কমিছেহে। কয়লাৰ মূল্য বৃদ্ধিৰ পাছত তোমালোকে বস্তু
বিক্ৰী কৰা নাছিলা জানো?
মূৰ্তিয়ে ধৰ্মৰাজৰ প্ৰশ্নৰ উত্তৰ নিদি
সুধিলে- বাৰু, কোৱাচোন বস্তুৰ মূল্য বৃদ্ধি হয় কিয়?
: কে’বাটাও কাৰণ
থাকিব পাৰে।
ঃসেই কাৰণবোৰ কি কি? তুমি
ক’বা, নে মই কম।
ঃ তুমিয়ে কোৱাচোন, মই
শুনো।
ঃ তুমি আমাৰ দৰেই সাধাৰণ মানুহ আছিলা।
আমাৰ সমস্যাবোৰ সমাধানৰ কাৰণে তোমাক আমি নেতৃত্ব প্রদান কৰিছো। তুমি এতিয়া দুৰ্গত
সোমাই পৰিছা। তুমি এতিয়া য’লৈকে যোৱা তোমাৰ আগে-পিছে গাড়ী থাকে।
চৌপাশে মানুহৰ জুম থাকে। তোমাৰ অট্টালিকা পহৰা দিয়াৰ কাৰণে ৰখীয়া ৰাখিব লগা হৈছে। তোমাৰ গাড়ীৰ
পেট্’ল লাগে। এইবোৰ খৰচ তুমি কঁহিয়াৰৰ পৰাই পোৱা নাই জানো? এইবোৰত খৰচ
অলপ কমকৈ কৰিলে, আমাৰ কুঁহিয়াৰৰ মূল্য আপোনা-আপুনি হ্রাস হৈ
যাব।
ঃ তাৰ মানে তুমি তোমাৰ কুঁহিয়াৰ মিলক
নিদিয়া ? মূৰ্তিৰ ফালে কোহিকৈ চাই ধৰ্মৰাজে ক’লে।
ঃ নহয়, কেতিয়াও নহয়।
ঃ বিক্ৰী নকৰিলে সেইবোৰেৰে তুমি কি
কৰিবা?
ঃ জ্বলাই দিম। সেইবুলি মিলক নিদিওঁ।
মূৰ্তিৰ দৃঢ়ততা দেখি ধৰ্মৰাজে কথা
আগনবঢ়ালে। সি নিজৰ মানুহ-দুনুহ লৈ মনে মনে গুচি গ'ল। কিন্তু
আচৰিত! কুৱেৰ ৰাও নগ'ল।
ধৰ্মৰাজ চুটি-চাপৰ আৰু শকত-আৱত। আনহাতে
কুৱেৰ ৰাও ওখ-পাখ আৰু ক্ষীণ-মিন। কুৱেৰ ৰাৱৰ চাল-চলন আৰু কথা-বাৰ্তাত কোনো
ধৰণৰ বাহ্যিক আড়ম্বৰ নাই। তাৰ কথা-বতৰাত বিনয়ৰ ভাব বিদ্যমান। ডাবি-ধমকিৰ
পৰিৱৰ্তে অনুনয়-বিনয়ৰ জৰিয়তে কাম আদায় কৰাৰ বাবে সি জনাজাত। দুর্ভাগ্যবশতঃ
মিঠা কথা বা অনুনয়-বিনয়েৰে কাম নিসিজলে উপঢৌকন দিবলৈও সি কুন্ঠাবোধ নকৰে। সি
কিছু নিলগত
থিয় দি ধৰ্মৰাজ আৰু মূৰ্তিৰ কথা-বতৰা শুনি আছিল। ধৰ্মৰাজ গুচি যোৱাৰ পাছত সি
কুঁহিয়াৰ খেতিৰ ফালে আগবাঢ়ি আহিল।
মূৰ্তি আগৰ ঠাইতে বহি বাতৰি কাকত পঢ়ি
আছিল। সি একেবাৰে নিৰ্বিকাৰ। অলপ আগতে যেন তাত একোৱে হোৱা নাই, এনেকুৱা
এটি ভাব
বিৰাজমান হৈ আছিল তাৰ চকু-মুখত।
কুৱেৰ ৰাও আহি মূৰ্তিৰ কাষত বহিল।
বিনয়ৰ সৈতে ক’লে সি- মূর্তি বাবু, মই আপোনাৰ ওচৰত
এটি আবেদন লৈ আহিছো।
কোৱা। মূৰ্তিয়ে এবাৰ মাথোন কুৱেৰ ৰাওৰ
ফালে মূৰ তুলি চায়ে পুনৰ আগৰ দৰে বাতৰি কাকতত দৃষ্টি বুলাবলৈ ধৰিলে।
ঃ ধৰ্মৰাজ যেতিয়া ভিখাৰীৰ দৰে
ডাল-দৰিদ্ৰ আছিল তেতিয়া তুমিয়ে তাক সহায় কৰিছিলা। তুমিয়ে তাক নেতা বনাইছা।
তুমি কুঁহিয়াৰ উৎপাদন কৰা আৰু মই কুঁহিয়াৰৰপৰা চেনি উৎপাদন
কৰো। আমাৰ দুয়োৰে চেষ্টাত এই ঘাঁহবোৰ চেনিলৈ ৰূপান্তৰ হয়। তুমি মোৰ অৱস্থাৰ ফালে
অলপ নাচালে কেনেকৈ হ'ব?
ঃ কোন বিষয়ে?
ঃ মিল বন্ধ আৰু শ্ৰমিকসকল বেকাৰ হোৱাৰ
বিষয়ে। অনুগ্ৰহ কৰি মোক কুঁহিয়াৰ দি দিয়া। চোৱা, না নুবুলিবা।
মোৰ বাহিৰে তোমাৰ আৰু তোমাৰ বাহিৰে মোৰ কোনো অস্তিত্ব নাই। আৰু আমাৰ
বাহিৰে ধৰ্মৰাজৰ। আমাৰ দুয়োৰে মাজত বুজা-পৰা নাথাকিলে শ্ৰমিকসকলৰ অৱস্থা অধিক
জটিল হৈ পৰিব আৰু তেতিয়া সিহঁতক চম্ভালা টান হৈ পৰিব। আমাৰ এই সম্পর্কতো নতুন
নহয়, পূৰ্বৰপৰাই আছে দেখোন।
মূৰ্তিয়ে বাতৰি কাকতখন একাষৰীয়া কৰি
থৈ ক’লে- কুঁহিয়াৰ উৎপাদন কৰো মই আৰু তাৰ সোৱাদ লোৱা তুমি।
: চোৱা, আমি সংশোধন হ’ব
পাৰিলেই সকলো ঠিক হৈ যাব।
: সংশোধন ! মই চালৰ খাপৰি টালি গুচাব পৰা
নাই আৰু ধৰ্মৰাজ ক’ৰ পৰা ক’লৈ উঠি আহিছে!
বাৰু, সেইবোৰ এৰা। মই মোৰ কুঁহিয়াৰ তোমাৰ ওচৰত বিক্ৰী নকৰোঁ। কেতিয়াও
নকৰোঁ।
ঃ বিক্ৰী নকৰা।
ঃ নাই, নকৰো । মই বিচৰা
মূল্যতকৈ কম মূল্যত কেতিয়াও নকৰোঁ।
ঃ তোমাৰ নিৰ্দ্ধাৰিত মূল্য দিলে মোৰ
লোকচান হ’ব।
: আৰু তোমাৰদ্বাৰা নিৰ্দ্ধাৰিত মূল্য
দিলে মোৰ.....
অৱশেষত নিৰাশ হৈ কুৱেৰ ৰাও বহাৰপৰা উঠি
থিয় হ'ল। উদাসভাবে সি বায়ুকোণৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে। চিমনিৰ ওপৰত
চকু পৰাৰ
লগে লগে সি উদাস হৈ উঠিল আৰু অন্যমনস্কভাবে নিজৰ চুলি আঁজুৰি আঁজুৰি ক’বলৈ
ধৰিলে- সর্বনাশ হৈ গ'ল.... হে’ ভগবান, চিমনিৰে
ধোঁৱা ওলোৱা নাই..... মই বৰবাদ হৈ গ'লো।
মূৰৰ চুলি আঁজুৰিছা কিয় ? কুৱেৰ
ৰাওৰ সেই অৱস্থা প্রত্যক্ষ কৰি মূৰ্তিয়ে শান্ত সুৰত ক’লে-ইয়াৰ বাবে
দায়ী কোন? তুমিয়ে নহয় জানো? চিন্তা নকৰিবা, তোমাৰ ঘৰত মই
জুই নলগাও। পুৰে যদি প্রথমে মোৰ ঘৰ পুৰিব আৰু সেয়া তোমাৰ কাৰণে সিমান হৃদয়
বিদাৰকো নহ'ব। বহা, খন্তেক পাছতে
ধৰ্মৰাজো আহিব।
ঃ কিয়, সি তোমাক তেনেকৈ
কৈ গৈছে নেকি?
ঃঅৱশ্যে কৈ যোৱা নাই। তথাপি মই জানো সি
আহিব। কিন্তু এইবাৰ সি অকলে নাহে। আৰে, তোমাৰ বাতৰি কাকত পঢ়াৰ অভ্যাস নাই নেকি?
ঃ ইমান সময় ক’ত পাম?
ঃ তেনেহ'লে বহা। তুমি যি
দুৰ্ঘটনাৰ চিন্তাত অস্থিৰ হৈছা. সি অহাৰ পাছত সেয়া তোমাৰ ওচৰত সিমান ভয়াৱহ যেন
নালাগিব। এইদৰে কৈয়ে মূৰ্তিয়ে বাতৰি কাকতৰ শীৰ্ষ লেখাবোৰ
পঢ়ি যাবলৈ ধৰিলে— বিদ্যাৰ্থীৰ মূৰ.....শৰীৰৰপৰা বিচ্ছিন্ন ...
গাঁৱৰ পাছত গাঁও ভস্ম..…...
ঃ কিয় তাত পুলিচ নাই নেকি?
মূৰ্তিয়ে কুৱেৰ ৰাওৰ প্ৰশ্নৰ উত্তৰ
নিদি বাতৰি কাকতৰ শীৰ্ষ লেখাবোৰ পুনৰ পঢ়ি যাবলৈ ধৰিলে- এজনী ছোৱালীৰ শ্লীলতাহানি
কৰাৰ কাৰণে
তাই দুবৃত্তৰ পৰিয়ালবৰ্গৰ ২০ জন সদস্যক হত্যা কৰিছে। আৰে, শুনাচোন!
মূৰ্তিয়ে পুনৰ পঢ়িবলৈ ধৰিলে- ঘৰৰপৰা হেজাৰ হেজাৰ মাইল নিলগত দিন হাজিৰা কৰিবলৈ আহি
পদপথত শুই থকা শ্রমিকক আতংকবাদীয়ে মেচিন গানেৰে থকা-সৰকা কৰিছে। দুটা সন্তানৰ মাতৃক
তাইৰ গিৰিয়েকে যৌতুক নোপোৱাৰ কাৰণে জীয়াই জীয়াই পুৰি মাৰিছে......
ঃ আমাৰ দেশত সঁচাকৈয়ে এনেকুৱা ঘটনা
ঘটি আছে নেকি?
এয়াতো একোৱে নহয়। ইয়াতকৈও বহু বেছি
হৈ আছে। কিন্তু সেইবোৰ শুনি তোমাৰ হৃদপিণ্ডৰ গতি স্তব্ধ হৈ যাব বুলি মোৰ ভয় হৈছে। বাৰু,
বাদ দিয়া সেইবোৰ। কিন্তু এইবোৰ শুনাৰ পাছত এই হৰতাল ডাঙৰ যেন লাগিছে
নেকি? আৰে, লাঠিচার্জ আৰু কন্দুৱা গেছৰ যুগ এতিয়া
আৰু নাই। এতিয়াতো সৰু সৰু কথাতে গুলী চলে। এইবোৰ পঢ়াৰ পাছত উপলব্ধি হয় যে,
কুঁহিয়াৰ উৎপাদন কৰি মই আৰু চেনি প্ৰস্তুত কৰি তুমি, আমি
উভয়ে পাপ কৰি আছো।
মূৰ্তিয়ে তাৰ কথা শেষ কৰিবলৈ
নৌপাওঁতেই সিহঁতে কোলাহলৰ শব্দ শুনিবলৈ পালে। মূৰ্তিয়ে কোলাহলৰ উৎসৰ ফালে দৃষ্টি
প্ৰসাৰিত কৰি
ক'লে- সৌৱা, সৌফালে চোৱা, কুঁহিয়াৰ কটাৰ
কাৰণে মজদুৰ আৰু সিহঁতৰ সুৰক্ষাৰ কাৰণে পুলিচ আহি আছে। অৱশ্যে তোমাৰ বন্ধু ধৰ্মৰাজ
অহা নাই। ক’ব পৰা তোমাৰ ভালৰ কাৰণেই সি এই ব্যৱস্থা কৰিছে।
এতিয়া তোমাৰ ঘৰ ধ্বংস নহয়। ধৈর্য ধৰা।
এতিয়াও সময় আছে। মই দিয়া মূল্যত
কুঁহিয়াৰ বিক্ৰী কৰিলে..... কুৱেৰ ৰাৱে ইচ্ছা কৰিয়ে বাক্যটো আধৰুৱাকৈ এৰিলে।
তুমি মোৰ লগত সসন্মানে কথা পাতি আছা;
কিন্তু তোমাৰ বন্ধু ধৰ্মৰাজেতো চকু ঘোপা কৰি মোক ডাবি-ধমকি দি
গৈছে...... সেয়ে
তোমাৰ লোকচান হ’লে মোৰ সহ্য নহ'ব।
যোৱা, কুঁহিয়াৰ লৈ যোৱাৰ কাৰণে লৰীৰ ব্যৱস্থা কৰাগৈ। মূৰ্তিয়ে ক’লে।
মূৰ্তিৰ কথা শেষ হোৱাৰ লগে লগে এজন
আৰক্ষী আগবাঢ়ি আহি তাৰ হাতত এখিলা কাগজ দিলে। সেয়া আছিল কুঁহিয়াৰ কটাৰ আদেশ । মূর্তি
একো নক’লে। সি মনে মনে এফালে আঁতৰি গ'ল। মজদুৰসকলে
নিৰ্বিবাদে কুঁহিয়াৰ কাটিবলৈ ধৰিলে আৰু কুঁহিয়াৰ কটা শেষ হোৱাৰ পাছত
সিহঁতে আঁটি বান্ধি কুঁহিয়াৰবোৰ লৰীত বোজাই কৰিবলৈ ধৰিলে। মূৰ্তি তেতিয়া সিহঁতৰ
ওচৰলৈ আহি উচ্চস্বৰে হাঁহিবলৈ ধৰিলে।
আৰে, এইদৰে হাঁহিছা
কিয়? বলিয়া বুলি ভাবি আৰক্ষী বিষয়াজনে তাৰ হাতত ধৰি জোঁকাৰি দি সুধিলে।
মূৰ্তিয়ে আৰু অধিক উচ্চস্বৰে হাঁহিবলৈ
ধৰিলে।
আৰে, বলিয়া নেকি?
আৰক্ষী বিষয়াই ধমকিৰ সুৰত ক'লে।
আৰে চাহাব. কুঁহিয়াৰৰ সলনি লৰীত মানুহ
বোজাই কৰি আছা কিয়? মূৰ্তিয়ে চিঞৰি সুধিলে।
কুৱেৰ ৰাও চাহাব, এওঁ
বলিয়া হৈ গ'ল নেকি? আৰক্ষী বিষয়াই
কৌতুহলেৰে সুধিলে।
অলপ আগতেই দেখোন সি মোক বাতৰি কাকত
পঢ়ি শুনাই আছিল ! কুৱেৰ ৰাৱে বিস্মিত কণ্ঠত ক’লে- এতিয়াই
বলিয়া হ’ব কেনেকৈ?
আৰক্ষী বিষয়াই মূৰ্তিক লৰীৰ ওচৰলৈ
টানি লৈ গৈ ক'লে- ভালদৰে চোৱা। এইবোৰ কুঁহিয়াৰহে, মানুহ
নহয়।
মূৰ্তি পোন হৈ থিয় দি মূৰৰ পাগুৰি
খুলি চাদৰৰ দৰে গাত মেৰিয়াই ল’লে। দীঘল দাঢ়ি-গোঁফ চুলিৰে
তেতিয়া তাক সঁচাকৈয়ে ব্ৰহ্মজ্ঞৰ দৰে অনুমান হ’বলৈ ধৰিলে। সি
আৰক্ষী বিষয়াজনক উদ্দেশ্য কৰি ক'লে- গাড়ীৰপৰা এডাল কুঁহিয়াৰ উলিয়াই
আনা, তেতিয়া উপলব্ধি কৰিব পাৰিবা সেইবোৰ কুঁহিয়াৰ, নে
মানুহ।
আৰক্ষী বিষয়াই নিজে কুঁহিয়াৰ
নুলিয়ালে। তেওঁ চিপাহী এজনক কুঁহিয়াৰ এডাল উলিয়াই আনিবলৈ নিৰ্দ্দেশ দিলে।
চিপাহীজনে লৰীৰপৰা কুঁহিয়াৰ এডাল উলিয়াই ৰাস্তালৈ বুলি দলিয়াই
দিলে।
চোৱা, চকু মেলি চোৱা।
এইবোৰ মানুহ, নে কুঁহিয়াৰ.....মূৰ্তিয়ে পুনৰ চিঞৰি ক'লে।
আৰক্ষী বিষয়াজনে কুঁহিয়াৰডাল হাতত লৈ
মাটিত খুন্দা মাৰিলে।
কি হ’ল? মূৰ্তিয়ে
সুধিলে।
পোক লগা কুঁহিয়াৰ ! আৰক্ষী বিষয়াজনে
ক'লে।
: আটাইবোৰ উলিয়াই চোৱা, সমগ্ৰ
কুঁহিয়াৰে পোক লগা। কোনো কামত নাহে।
: তুমি কুঁহিয়াৰবোৰক কিয় মানুহ বুলি ক’লা?
এই কুঁহিয়াৰবোৰৰ দৰে আজি-কালি
মানুহবিলাক গেলি-পচি গৈছে....লোভ নামৰ পোকে খাই শেষ কৰিছে মানুহবিলাকক, সেই
কাৰণে ক’লো।
আপোনাৰ উপদেশ শুনিলো। আৰক্ষী বিষয়াজনে
হাতযোৰ কৰি ক'লে- মানুহে কয়, আপোনাৰ হেনো আন
এটা নাম আছে। এতিয়া কওঁকচোন, আপোনাৰ সেই
নামটো কি?
কৃষ্ণমূর্তি। মূৰ্তিয়ে ক’লে।
(অগ্রদূত-২৯ এপ্রিল/২০১৩)
গুৰমুখ সিঙৰ উইল৷
(মূল উর্দু-
ছাদাত হাছান মণ্টো)
প্রথমে দুই এটা মৰা-মৰিৰ ঘটনা সংঘটিত
হৈছিল যদিও পাছৰ পৰ্যায়ত দুই পক্ষৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষৰ নিশ্চিত খবৰ আহিবলৈ
ধৰিলে। য'ত ছুৰীৰ উপৰিও
ডেগাৰ, তৰোৱাল আৰু বন্দুক ব্যৱহাৰ কৰা হৈছিল। কেতিয়াবা কেতিয়াবা আকৌ হাতে
সজা বোমা ফুটোৱাৰো খবৰ আহি আছিল।
সাম্প্রদায়িক সংঘর্ষ দীর্ঘদিন স্থায়ী
নহ'ব বুলি অমৃত । প্রায় আটায়েৰে ধাৰণা আছিল। উৎসাহ চেঁচা পৰিলেই
পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ পৰিব বুলি
আগৰ অভিজ্ঞতাৰপৰা আটায়ে আশা কৰিছিল। কাৰণ ইয়াৰ আগতো অমৃতচৰত কে’বা
লানি সংঘৰ্ষ সংঘটিত হৈ গৈছে। প্রতিবাৰেই
১০-১৫ দিন মৰা-মৰি, কটা-কটিৰ পাছত পৰিস্থিতি পুনৰ স্বাভাৱিক হৈছিল।
সেয়ে আগৰ অনুভৱৰ ওপৰত ভিত্তি কৰি সম্প্ৰতি সংঘটিত
হৈ থকা সংঘৰ্ষৰ জুইকুৰাও কিছুদিনৰ ভিতৰতে নিৰ্বাপিত হ’ব বুলি বহুতে
ধাৰণা কৰিছিল। কিন্তু মানুহে ধাৰণা কৰাৰ দৰে নহ'ল। সংঘৰ্ষৰ জুইকুৰা দিনে দিনে বৃদ্ধিহে পাবলৈ ধৰিলে।
হিন্দু এলেকাত বসবাস কৰা মুছলমানসকলে
প্রথমে ধন-জন লৈ পলাবলৈ ধৰিলে আৰু সিহঁতৰ দেখা-দেখি মুছলমান এলেকাত বসবাস কৰা হিন্দুসকলে ঘৰ-বাৰী এৰি সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ
ঢাপলি মেলিলে। কিন্তু এই ব্যৱস্থা খুবেই অস্থায়ী আছিল। পৰিস্থিতি সংঘৰ্ষৰ কদৰ্যতাৰপৰা যিমান দিনলৈ মুক্ত নহয়, এই ব্যৱস্থা
মাথোন সিমান দিনৰ কাৰণেহে আছিল। পৰিস্থিতি অতি শীঘ্ৰেই স্বাভাৱিক হৈ উঠিব বুলি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মিয়া আব্দুল হাই এশ শতাংশই নিশ্চিত আছিল,
যাৰ কাৰণে তেওঁ বিশেষ চিন্তিত হোৱা নাছিল। ১২ বছৰীয়া পুতেক, ১৭
বছৰীয়া জীয়েক আৰু এজন ৭০ বছৰীয়া বৃদ্ধ লগুৱাৰ স’তে তেওঁৰ এক সৰু
সুখী পৰিয়াল আছিল।
সংঘর্ষ আৰম্ভ হোৱাৰ লগে লগে ভোক-লঘোণৰ
পৰা হাত সাৰি থকাৰ উপায় হিচাপে তেওঁ যথেষ্ট পৰিমাণে খাদ্যবস্তু সংগ্ৰহ কৰি লৈছিল
। খাদ্যবস্তুৰ ফালৰ পৰা তেওঁ নিশ্চিত আছিল যে,
আল্লাহই নকৰক পৰিস্থিতি যদি অধিক বেয়াৰ ফালে ঢাল খায় আৰু
দোকান-পোহাৰ বন্ধ হৈ যায়, তথাপি
খোৱা-লোৱাৰ বিষয়ে তেওঁলোক চিন্তা কৰিব লগা নহ'ব। কিন্তু তেওঁৰ
জীয়েক সুগৰা খুবেই অস্থিৰ হৈ উঠিল। তাইৰ এই অস্থিৰতাৰ
কাৰণো আছিল। সিহঁতৰ তিনি মহলীয়া অট্টালিকাটো বেলেগ অট্টালিকাতকৈ অধিক ওখ আছিল,
সেয়ে সিহঁতৰ ছাদৰপৰা চহৰৰ প্রায়
এক চতুর্থাংশ চকুত পৰে। তাই অট্টালিকাৰ ছাদৰপৰা চহৰৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে
আৰু প্ৰতিদিনইে তাই ওচৰতেই হওঁক অথবা দুৰতেই হওঁক ক’ৰবাত
নহয় ক'ৰবাত জুই জ্বলি থকা প্ৰত্যক্ষ কৰিছে। আৰম্ভণিত কিছুদিন ‘ফায়াৰ
ব্রিগেড’ৰ গাড়ীৰ ঠন্ ঠন্ শব্দ শুনা গৈছিল যদিও
সম্প্রতি সেয়াও বন্ধ হৈ হৈছে। কিয়নো চহৰৰ প্ৰায় সকলো ঠাইতে সম্প্রতি জুই
জ্বলিবলৈ আৰম্ভ কৰিছে।
নিশা পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠে৷
নিশাৰ ঘোপমৰা আন্ধাৰত জুইৰ শিখা লক্লক্ কৰি জ্বলে আৰু এনেকুৱা অনুমান হয়, যেন
স্বয়ং অগ্নি দেৱতাই মুখৰপৰা জুইৰ প্ৰস্ৰৱন
নিৰ্গত কৰি আছে। ইয়াৰ লগতে ‘হৰ হৰ মহাদেৱ’ আৰু ‘আল্লাহু
আকবৰ’ ধ্বনি মিহলি হৈ পৰিস্থিতি অধিক
ভয়ংকৰ কৰি তোলে।
আতংকত অস্থিৰ হৈ উঠিলেও সুগৰাই এই কথা
দেউতাকৰ আগত ব্যক্ত কৰিবলৈ কুণ্ঠাবোধ কৰে।
কিয়নো তাই এবাৰ চহৰৰ পৰিস্থিতিৰ
ভয়াৱহতাৰ কথা দেউতাকৰ আগত প্ৰকাশ কৰাত দেউতাকে কৈ থৈছে- ভয়ৰ কোনো কাৰণ নাই। কিছুদিনৰ ভিতৰতে সকলো ঠিক হৈ যাব।
কিন্তু পৰিস্থিতি কিছুদিনৰ ভিতৰতে ঠিক
হৈ যোৱাতো দূৰৰে কথা লাহে লাহে অধিক বেয়াৰ ফালেহে ঢাল খাবলৈ ধৰিলে। মিয়া আব্দুল হাই বাস কৰা এলেকাটো লাহে লাহে মুছলমান শূন্য হৈ পৰিল। ইয়াৰ মাজতে
ভূতৰ ওপৰত দানহ পৰাদি মিয়া আব্দুল হাই এদিন পক্ষাঘাত ৰোগত
আক্ৰান্ত হৈ শয্যাশায়ী হ'ল।
বচাৰতে আগতে কোঠালিৰ ভিতৰতে নানা ধৰণৰ
খেল-ধেমালি লৈ ব্যস্ত হৈ থাকিছিল। দেউতাক শয্যাশায়ী হোৱাৰ পাছত পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি সি বৰ্তমান দেউতাকৰ পালেঙৰ কাষতে বহি থকা
হৈছে।
সিহঁতৰ ঘৰৰ ওচৰৰ বজাৰখন নিজম। ডাক্তৰ
গোলাম মোস্তফাৰ ফাৰ্মাচীও কিছুদিনৰ পৰা বন্ধ হৈ আছে। তেওঁৰ ফাৰ্মাচীৰপৰা কিছু আঁতৰত গুৰুদত্তৰ ফাৰ্মাচী আছিল। সুগৰাই লক্ষ্য কৰিলে, তেওঁৰ
ফাৰ্মাচীখনতো তলা ওলমি আছে। ইফালে, মিয়া চাহাবৰ অৱস্থাও দিনে দিনে অধিক সংকটজনক হৈ আহি আছে। ফলত সুগৰা অস্থিৰ হৈ উঠিছে আৰু তাইৰ
চিন্তাশক্তি লোপ পোৱাৰ উপক্ৰম হৈছে। এদিন তাই বচাৰতক
একাষৰীয়াকৈ মাতি আনি ক’লে- তুমি কিবা এটা কৰা, কাৰোবাক মাতি
আনাগৈ। দেউতাৰ অৱস্থা খুবেই সংকটজনক।
বচাৰত ঘৰৰপৰা ওলাই গৈ খন্তেক পাছতে
উভতি আহিল।
তাৰ মুখমণ্ডল মৰা বৰালিৰ দৰে শেঁতা।
আচলতে সি চ’কত এটা মৃতদেহৰ লগতে কিছুমান মানুহে দলবান্ধি
মৃতদেহৰ কাষত থকা দোকানখন লুট-পাত কৰা প্ৰত্যক্ষ কৰি আহিছে।
সুগৰাই ভয়-বিহ্বল ভায়েকক বুকুত সাৱটি
ধৰি সি ভালে-কুশলে ঘৰলৈ উভতি অহাৰ কাৰণে আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি মৌন
হৈ বহি পৰিল।
দেউতাকে সুগৰাহঁতৰ অৱস্থা চাব নোৱাৰা হ'ল।
ইতিমধ্যে তেওঁৰ শৰীৰৰ সোঁফাল সম্পূৰ্ণৰূপে অসাৰ পৰিছিল আৰু তেওঁ মৃত মানুহৰ দৰে
বিছনাত অসাৰ হৈ পৰি আছিল। তেওঁৰ বাক্শক্তিও লোপ পাইছিল। ফলত সুগৰাহঁতৰ অৱস্থা প্রত্যক্ষ
কৰি দেউতাকে ইংগিতেৰে বুজাবলৈ চেষ্টা কৰিলে যে, ভয়ৰ
কোনো কাৰণ নাই। আল্লাহৰ কৃপাত সকলো ঠিক হৈ যাব।
কিন্তু একো ঠিক নহ'ল।
ৰোজা আহি অন্তিম পর্যায় পাইছিলহি।
দুটা ৰোজাহে মাথোন বাকী আছিল। ঈদৰ আগে আগে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব বুলি মিয়া চাহাবে
ধাৰণা কৰিছিল। কিন্তু পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি ঈদৰ দিনাই ৰোজ কিয়ামত হ'ব
বুলি তেওঁ ধাৰণা কৰিবলৈ বাধ্য হ’ল।
আগতে চহৰৰ বিভিন্ন এলেকাৰপৰা
বিক্ষিপ্তভাৱে ধোঁৱাৰ কুণ্ডলী ওলোৱা দৃষ্টিগোচৰ হৈছিল, কিন্তু সম্প্ৰতি
চহৰৰ প্ৰায় প্ৰতিটো এলেকাৰপৰা ধোঁৱাৰ কুণ্ডলী ওলোৱা দৃষ্টিগোচৰ হ’বলৈ
ধৰিলে। ইয়াৰ মাজতে নিশা বোমা ফুটাৰ দৰে ভয়ানক শব্দও হ’বলৈ ধৰিলে। ফলত
সুগৰা আৰু বচাৰত
কোনেও নিশা খন্তেকৰ কাৰণেও শুব নোৱাৰা হ'ল।
সুগৰাতো এনেয়ে দেউতাকৰ পৰিচৰ্যাৰ
কাৰণে নিশা উজাগৰি কটাব লগা হয়। বোমাৰ শব্দ শুনি তাইৰ ধাৰণা হ’বলৈ
ধৰিলে, যেন তাইৰ মস্তিষ্কৰ ভিতৰতহে বোমা ফুটিছে। তেতিয়া তাই
বিমোৰৰ দৰে কেতিয়াবা দেউতাকৰ ফালে আৰু কেতিয়াবা আকৌ ভায়েকৰ ফালে চকু বিস্ফাৰিত
কৰি চায়। ইফালে সত্তৰ বছৰীয়া বৃদ্ধ লগুৱা আকবৰৰ অস্তিত্ব থকা নথকাটো প্রায় একে
কথা! সি দিনে-নিশা কাহি থাকে আৰু শ্লেষ্মা নিৰ্গত কৰি থাকে।
এদিন সুগৰাই ধৈৰ্য হেৰুৱাই বৃদ্ধৰ
ওচৰলৈ আহি উষ্মাৰে সৈতে অভিযোগ কৰি ক’লে- তুমি কেনেকুৱা মানুহ? দেউতাৰ
অৱস্থা চোৱা নাই নেকি? তুমি এক নম্বৰৰ অকৃতজ্ঞ। দেউতাৰ
পৰিচৰ্যা কৰিব লাগিব বুলি কাহৰ অজুহাত কৰি কোঠালিৰ ভিতৰত সোমাই আছা! প্রকৃত লগুৱাই
গৰাকীৰ কাৰণে প্ৰাণ বিসর্জন দিবলৈও কুণ্ঠাবোধ নকৰে আৰু তুমি এই বিপদৰ সময়ত
হাত-ভৰি গোটাই বহি আছা?
মনৰ উষ্মা উজাৰি ফৰকাল হৈ সুগৰা উভতি
আহিল। পাছত অৱশ্যে অসহায় বৃদ্ধ মানুহ এজনক অনাহকতে খং কৰা কাৰণে তাইৰ অনুশোচনা
হ’বলৈ ধৰিলে। তাই ৰাতি আহাৰ লৈ আকবৰৰ কোঠালিলৈ আহি দেখিলে যে, সি
কোঠালিত নাই। বচাৰতে প্ৰতিটো কোঠালিৰ ইকোণ-সিকোণ বিচাৰি চলাথ কৰিলে, কিন্তু
সি ক’তো আকবৰৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। শেষত সিহঁতে ভাবিবলৈ বাধ্য হ’ল
যে, সি
হয়তো দেউতাকৰ কাৰণে কিবা এটা কৰাৰ কাৰণে বাহিৰলৈ ওলাই গৈছে। সি যাতে সুকলমে উভতি
আহিবলৈ সক্ষম হয় তাৰ কাৰণে সিহঁতে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ
ধৰিলে। কিন্তু দুদিন পাৰ হৈ যোৱাৰ পাছতো সি উভতি নাহিল।
সময় সন্ধিয়া। ইয়াৰ আগতো সুগৰা আৰু
বচাৰতে এনেকুৱা বহু সন্ধিয়া প্রত্যক্ষ কৰিছে। ঈদ অহাৰ সময় সমাগত হ’লে
সিহঁতে ছাদৰ ওপৰত উঠি ঈদৰ জোন চাবলৈ আকাশৰ ফালে দৃষ্টি
প্ৰসাৰিত কৰি জুমি জুমি চাইছিল। জোনটোৱে মাথোন ঈদ ঘোষণাহে কৰিছিল আৰু সেই
ঘোষণাৰ বাবেই সিহঁত ব্যাকুল হৈ উঠিছিল। জোন উদয় হ’ব লগা ঠাইডোখৰত
বিক্ষিপ্ত অপসৃয়মান মেঘ দেখা দিলেও সিহঁত অস্থিৰ হৈ উঠিছিল।
সুগৰা
আৰু বচাৰত ঈদৰ জোন চাবলৈ ছাদৰ ওপৰলৈ উঠি আহিল। চাৰিওফালে ধোঁৱাৰ মেঘ জমি আছিল।
দুৰত ক'ৰবাত ক'ৰবাত ছাদৰ ওপৰত কাপোৰত লগা দাগৰ দৰে দুই চাৰিজন
মানুহ থিয় দি থকা দৃষ্টিগোচৰ হ’ল। মানুহবিলাক ঈদৰ জোন চাবলৈ ছাদৰ
ওপৰলৈ আহি থিয় হৈ আছিল, নে ঠায়ে ঠায়ে
জ্বলি থকা জুই চাবলৈ থিয় হৈ আছিল সেয়া সুগৰাহঁতৰ বাবে অনুমান কৰাটো সম্ভৱ নহ'ল। জোনটোৰ
আকাৰ স্বাভাৱিকতকৈ
কিছু ডাঙৰ আছিল। সেয়ে ধোঁৱাৰ চাদৰৰ মাজতো চকুত পৰি গ'ল। সুগৰাই নিজৰ
মংগল আৰু দেউতাকৰ ৰোগমুক্তিৰ কাৰণে কৃপা ভিক্ষা কৰি দুহাত তুলি
আল্লাহৰ ওচৰত প্ৰৰ্থনা কৰিলে। ইফালে বেয়া পৰিস্থিতিৰ কাৰণে ঈদ আনন্দৰপৰা বঞ্চিত
হোৱাৰ বেদনাত
বচাৰতে মনে মনে দুখ প্ৰকাশ কৰিবলৈ ধৰিলে।
সন্ধিয়াৰ অন্ধকাৰ তেতিয়াও গাঢ় হৈ
উঠা নাছিল। মিয়া চাহাবে খিড়িকীৰ কাষত স্থানুৰ দৰে বহি কিবা-কিবি ভাবি আছিল। ঈদৰ
জোন চাই আহি
সুগৰাই তেওঁক চালাম জনালে। তেওঁ ইংগিতেৰে চালামৰ উত্তৰ দিলে। সুগৰাই মূৰ দোঁৱাই
সেৱা কৰাৰ সময়ত তেওঁ তেওঁৰ সুস্থ হাতখন মৰমেৰে সুগৰাৰ মূৰত বুলালে।
সুগৰাৰ চকুৰপৰা টপ্ট্প্কৈ দুধাৰি তপত চকুলো বাগৰি পৰিল। মিয়া চাহাবৰ চকুও চল্চলীয়া
হৈ উঠিল।
সুগৰাক আশ্বস্ত কৰাৰ কাৰণে তেওঁ অৰ্দ্ধ পক্ষাঘাতগ্রস্ত মুখেৰে এই কেইটা শব্দ
উচ্চাৰণ কৰিলে- আল্লাহ সকলোৰে মালিক, সকলো ঠিক হৈ যাব। ঠিক তেতিয়াই বৈঠকখানাৰ
দুৱাৰত কোনোবাই টোকৰ মাৰিলে। সুগৰাই প্রশ্নবোধক দৃষ্টিৰে বচাৰতৰ ফালে চালে। বচাৰতৰ মুখমণ্ডল
তেতিয়া কাগজৰ দৰে বগা হৈ উঠিছিল।
দুৱাৰত পুনৰ টোকৰ মৰাৰ শব্দ শুনা গ’ল।
মিয়া চাহাবে সুগৰাক ইংগিতেৰে ক'লে- চোৱাচোন কোন আহিল?
সুগৰাই ভাবিলে, হয়তো বৃদ্ধ
আকবৰ আহিছে। এই ভাৱনা মনলৈ অহাৰ লগে লগে তাইৰ চকু চল্চলীয়া হৈ উঠিল। তাই বচাৰতৰ
হাতত ধৰি
ক'লে- যোৱা, চোৱাগৈ সম্ভৱতঃ আকবৰ আহিছে।
মিয়া চাহাবে নাকাৰাত্মক ভংগীত এনেকৈ
মূৰ জোকাৰিলে, যেন ক’লে- নাই নাই, আকবৰ নহয়...…..
সুগৰাই ক'লে- তেনেহ'লে
কোন হব পাৰে দেউতা?
মিয়া চাহাবে নিজৰ বাকশক্তিৰ ওপৰত জোৰ
দি কিবা ক’বলৈ চেষ্টা কৰি থাকোঁতে বচাৰত উভতি আহিল। সি খুবেই আতংকিত আছিল আৰু
ঘনঘন্কৈ উশাহ লৈ আছিল। সি সুগৰাক দেউতাকৰ পালেঙৰপৰা কিছু আঁতৰলৈ মাতি আনি ক’লে-
এজন শিখ... ।
সুগৰাৰ কণ্ঠৰপৰা চিন্ত্ৰৰ দৰে ওলাই
আহিল- শিখ ! কি ক’লে?
বচাৰতে ক’লে- ক’লে,
দুৱাৰ খোলা.....
সুগৰাই কঁপা কঁপা হাতেৰে বচাৰতক নিজৰ
ফালে টানি আনি সাৱটি ধৰি দেউতাকৰ ওচৰলৈ আহি পালেঙৰ ওপৰত ধুপুচকৈ বহি পৰিল। তাই
অসহায়ভাবে দেউতাকৰ ফালে চালে।
মিয়া চাহাবৰ পাতল শেঁতা ওঁঠত বিচিত্ৰ
হাঁহিৰ ৰেখা বিৰিঙি উঠিল। তেওঁ ক'লে- যোৱা, গুৰমুখ সিঙ
আহিছে।
বচাৰতে নাকাৰাত্মক ভংগীত মূৰ জোঁকাৰি ক'লে-
নাই নাই, বেলেগ কোনোবাহে.....
মিয়া চাহাবে দৃঢ়ভাবে ক’লে-
যোৱা সুগৰা, তাৰ বাহিৰে আন কোনো অহা াই?
সুগৰা বহাৰপৰা উঠি থিয় হ’ল।
তাই গুৰমুখ সিঙক জানে। অৱসৰ গ্ৰহণ কৰাৰ কিছুদিন আগত দেউতাকে গুৰমুখ সিঙ নামৰ
কোনোবা এজন
শিখৰ কিবা উপকাৰ কৰিছিল। সম্ভৱতঃ কোনো মিছা মোকদমাৰপৰা খালাচ দিছিল। তেতিয়াৰপৰা
সি ঈদৰ আগদিনা এটি চেৱৈৰ টোপোলা লৈ আহে। দেউতাকে কে’বাবাৰো
কোৱা শুনিছে, চৰ্দাৰ্জী, আপুনি এইদৰে
কষ্ট কৰাৰ কোনো প্রয়োজন নাই। কিন্তু গুৰমুখ সিঙে সদায় হাতযোৰ কৰি কোৱা শুনিছে, মিয়া
চাহাব, বাহে গুৰুৰ কৃপাত আপোনাৰ ওচৰত সকলো বস্তু আছে। এয়াতো এক সামান্য
বস্তু, যি মই আপোনাৰ সেৱাৰ কাৰণে প্ৰতি বছৰ লৈ আহো। আপুনি
মোৰ প্ৰতি যি অনুগ্ৰহ কৰিছে, তাৰ প্ৰতিদান আমি শ পুৰুষেও পৰিশোধ
কৰিব নোৱাৰিম।
খোদাই আপোনাক সুখী কৰক।
ইমান বছৰে গুৰমুখ সিঙে চেৱৈৰ টোপোলা লৈ
আহে, অথচ টোকৰৰ শব্দ শুনি তাই কিয় গুৰমুখ সিঙ বুলি ভাবিপৰা নাই! এইদৰে
মনতে ভাবি তাই আচৰিত
হ’ল। কিন্তু বচাৰতে বেলেগ কোনোবা বুলি কিয় ক’লৈ? সিয়োতো
গুৰমুখ সিঙক বহুবাৰ দেখিছে।
বেলেগ কোন হ’ব পাৰে? এইদৰে
মনতে ভাবি সুগৰা বৈঠকখানালৈ আহিল। দুৱাৰ খুলিব, নে নুখোলাকৈ
ভিতৰৰপৰা আগন্তুকৰ লগত কথা পাতিব, সিদ্ধান্ত ল’বলৈ
নৌপাওঁতেই দুৱাৰত পুনৰ টোকৰৰ শব্দ শুনা গ'ল।
সুগৰাৰ হৃদপিণ্ড জোৰে জোৰে ঢপ্ঢপাবলৈ
ধৰিলে। বহু কছৰৎ কৰি তাই কণ্ঠৰপৰা মাথোন এটা শব্দ বাহিৰ কৰিবলৈ সক্ষম হ’ল-
কোন?
বচাৰত কাষত থিয় দি আছিল৷ সি দুৱাৰত
থকা সৰু বিন্ধাটোৰ ফালে ইংগিত কৰি ক'লে- এইটোৰে চোৱা....
সুগৰাই বিন্ধাটোত চকু স্থাপন কৰিলে।
নাই গুৰমুখ সিঙ নহয়। সিতো বৃদ্ধ আৰু থিয় হৈ থকাজন এজন যুৱক। সুগৰাই বিন্ধাটোত
চকু স্থাপন
কৰি এইবোৰ ভবা-গুণা কৰি থাকোঁতেই যুৱকজনে পুনৰ দুৱাৰত টোকৰ মাৰিলে। সুগৰাই যুৱকজনৰ
হাতত থকা কাগজৰ টোপোলাটো লক্ষ্য কৰিলে। গুৰমুখ সিঙে প্ৰতি বছৰ ঠিক
এনেকুৱা টোপোলা লৈয়ে আহিছিল।
সুগৰাই বিন্ধাটোৰপৰা চকু আঁতৰাই সমান্য
উচ্চ কণ্ঠত সুধিলে- কোন আপুনি?
বাহিৰৰপৰা আগন্তুকে ক'লে-
জী...... জী.....জী...... মই গুৰমুখ সিঙৰ পুতেক সন্তোষ.......
তাই শিষ্টতাপূর্বক সুধিলে- কওঁকচোন
আপুনি অহাৰ উদ্দেশ্য কি?
বাহিৰৰপৰা পুনৰ আগন্তুকৰ কণ্ঠস্বৰ ভাহি
আহিল- জী, জজ চাহাব ক’ত?
সুগৰাই উত্তৰ দিলে- দেউতাৰ অসুখ ..
বাহিৰৰপৰা আগন্তুকে আফচোচৰ সুৰ ক'লে-
অহ্ ! সি পুনৰ ক'লে- জী, চেৱৈ লৈ আহিছো।
দেউতা ঢুকাল। চৰ্দাৰজীৰ মৃত্যু হৈছে।
সুগৰাই তৎক্ষণাৎ ক’লে-
চৰ্দাৰজী ঢুকাল নেকি?
বাহিৰৰপৰা আগন্তুকে ক'লে-
হয়, ঢুকাল। এমাহ হ'ল। মৃত্যুৰ সময়ত তেওঁ কৈ গৈছে,
‘মই দহ বছৰ ধৰি জজ চাহাবৰ কাৰণে ঈদৰ আগদিনা চেৱৈ লৈ গৈ আছো। মোৰ মৃত্যুৰ
পাছত এই কাম তুমিয়ে কৰিব লাগিব।’ তেওঁ কোৱা মতেই মই চেৱৈ লৈ আহিম বুলি
তেওঁক কথা দিছো
আৰু সেই কথামতেই আজি চেৱৈ লৈ আহিছো। চেৱৈ লওঁক।
সুগৰাৰ চকুত চকু-পানী আহি গ'ল।
তাই দুৱাৰখন একাষৰীয়াকৈ অকনমান খুলি মূৰটো বাহিৰলৈ উলিয়ালে। গুৰুমুখ সিঙৰ পুতেকে সুগৰালৈ
চেৱৈৰ টোপোলা আগবঢ়ালে।
সুগৰাই টোপোলাটো হাতত লৈ ক'লে-
খোদাই চৰ্দাৰজীক স্বৰ্গত স্থান দিয়ক।
গুৰমুখ সিঙৰ পুতেকে কিছু সময় মনে মনে
থাকি ক’লে- জজ চাহাবৰ সঁচাকৈয়ে অসুখ নেকি?
সুগৰাই ক’লে- হয়,
সঁচাকৈয়ে অসুখ।
ঃ কি অসুখ?
ঃ পক্ষাঘাত....
অহ্! দেউতা জীয়াই থাকিলে জজ চাহাবৰ
অসুখৰ কথা শুনি বৰ দুখ পালেহেঁতেন। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ জজ চাহাবৰ উপকাৰৰ কথা
পাহৰা নাছিল। তেওঁ কৈ গৈছে, জজ চাহাব মানুহ নহয়, দেৱতা।
খোদাই তেওঁক জীয়াই ৰাখক। তেওঁক মোৰ চালাম জনাবা। এইদৰে কৈ যুৱকজন গুচি গ'ল।
সুগৰাই তাক মাতি আনি দেউতাকৰ বাবে
ডাক্তাৰৰ বন্দোৱস্ত কৰাৰ কাৰণে অনুৰোধ কৰাৰ কথা ভাবিলে।
ইফালে চৰ্দাৰ গুৰমুখ সিঙৰ পুতেক সন্তোষ
সিঙ জজ চাহাবৰ ঘৰৰ পৰা কিছুদূৰ অহাৰ পাছত পাগুৰি পিন্ধা চাৰিজন মানুহ লগ পালে।
সিহঁত তাৰ ওচৰলৈ আগবাঢ়ি আহিল। সিহঁতৰ
দুজনৰ হাতত জলন্ত মশাল আৰু কিছু জুই জ্বলোৱা সামগ্রী।
সিহঁতৰ মাজৰপৰা এজনে সন্তোষ সিঙক
সুধিলে- চৰ্দাৰৰ্জী, কাম শেষ কৰি আহিলা নেকি?
সন্তোষ সিঙে সন্মতিত মূৰ জোঁকাৰি ক'লে-
হয়, কৰি আহিলো।
বেলেগ এজনে হাঁহি হাঁহি সুধিলে- তেনেহ'লে
জজ চাহাবৰ মামলা ঠাণ্ডা কৰি আহিছে?
হয়। এইদৰে কৈ চৰ্দাৰ গুৰমুখ সিঙৰ
পুতেকে ভৰি আগবঢ়ালে।
( অগ্রদূত-৯ চেপ্তেম্বৰ/২০১৩)
খীৰতী গাই
: মূল কাশ্মীৰী-
আমিন কামিল
গাইজনীক গোহালিৰপৰা উলিয়াই অনাৰ সময়ত
মুচিজনে দুখ প্ৰকাশ কৰি আছিল- কাৰোবাৰ পাপে এই নিৰীহ গাইজনীক খালে। সিফালে
আজিম বাই মাটিৰ প্ৰতিমাৰ দৰে নিৰ্বাক নিশ্চল হৈ বহি আছিল আৰু নিজৰ দুৰ্বাগ্যক মনে
মনে গালি-শপনি পাৰি আছিল। বহুদিন আগত নাদিৰাক কোৱা এষাৰ কথা তাইৰ মনত
পাক ঘুৰণি খাই আছিল- ‘আই, ভাগ্যৰ বলতহে ঘৰলৈ গাই আহে।' আজি
তাইৰ কপালে ফুটিছে।
বিছনাত পৰি থকা ছোৱালীজনী জীৱন আৰু মৃত্যুৰ লগত যুঁজিছে আৰু আজি গাইজনী এনেকৈ মৰি
থাকিল! জানো ভাগ্যত আৰু কি লেখা আছে! নাদিৰাই প্ৰথম বেতন পোৱাৰ দিনা
আজিম বায়ে গাইজনী কিনিছিল। তেতিয়া শিক্ষকসকলৰ মাহিলী বেতন আছিল মাথোন বিছ
টকা। মেট্ৰিক পাছ কৰি নাদিৰা যিদিনা শিক্ষয়িত্রী নিয়োগ হৈছিল, সিদিনা
সমগ্ৰ গাঁৱখনেই বিস্মিত হৈ পৰিছিল। মাথোন সিহঁতৰ গাঁৱতে নহয়, ওচৰ-পাঁজৰৰ
গাঁওলৈকো বনজুইৰ দৰে খবৰটো বিয়পি পাৰিছল। আজিম বাইৰ জীয়েক শিক্ষয়িত্ৰী হৈছে—
বেতন প্রতিমাহে বিছ টকা । : ইয়াকে কয়, ভাগ্যোদয়।
এতিয়া তাইৰ শত্ৰুৰ মুখত চূণ-কালি পৰিব আৰু তাইৰ সমগ্ৰ জীৱনৰ অপমান, কলংক
পলকতে নাইকীয়া হৈ যাব। বিছ টকা ! বিছ টকা নহয়, দুমোন ধান বুলি
ক'ব পাৰা। এইবোৰ কথা আলোচনা কৰাৰ সময়ত গৈছিল, ওৰোটো জীৱন মূৰৰৰ ঘাম মাটিত পেলাই
সিহঁতে ওঠৰ বিছ মোনতকৈ অধিক ধান উৎপাদন কৰিব নোৱাৰে। কিন্তু বুঢ়ীৰ জলকীয়া এতিয়া
মিছিৰিলৈ ৰূপান্তৰ হ’ল। ইয়াকে কয়, বিধাতাই যেতিয়া
দিয়ে অকৃপণভাবে দিয়ে। নাদিৰাই প্রথম বেতন আনি আজিম বাইৰ হাতত দিয়াৰ
পাছত তাই প্ৰতিখন মোট লিৰিকি-বিদাৰি চাইছিল। প্ৰতিটো নোটত তাই ইংলেণ্ডৰ ৰজাৰ ফটোৰ
সলনি নাদিৰাৰৰ ফটোহে দেখা পাইছিল। তাই ভাবিছিল, নোটবোৰত
নাদিৰাৰ ফটোৰ সলনি বেলেগৰ ফটো কেনেকৈ থাকিব পাৰে! ছাপটো উপার্জনকাৰীৰ হয়। ৰজাৰহে মাথোন
কাগজ।
গাইজনীৰ শিং নাছিল। কোৱা হয়, শিং
গজোতে যিমান শক্তিৰ প্ৰয়োজন, শিং নথকা গাইৰ সেই শক্তি গাখীৰ উৎপাদনৰ
কামত ব্যৱহাৰ হয়। গাইজনী খুবেই নম্ৰ আৰু শান্ত স্বভাৱৰ
আছিল। বেলেগ গাই হ’লে আজিম বাইক ওচৰলৈকে যাবলৈ নিদিলেহেঁতেন;
কিন্তু এইজনী গাইৰ কথা সুকীয়া আছিল। বাট যিমানে জোৰোৰে
টানি গাখীৰ নিখীৰোৱা কিয়, গাখীৰ খীৰাওঁতে যিমানেই কষ্ট নহওঁক
কিয়, তাই নাকেৰে এটা শব্দও বাহিৰ নকৰিছিল আৰু লৰচৰো
নকৰিছিল। দাম অৱশ্যে সেই সময়ৰ তুলনাত কিছু বেছি পৰিছিল। পোৱালি নোহোৱাকৈ ত্ৰিছ
টকা। ত্রিছ টকাৰ
দহ টকা তেতিয়াই জুম্মা গুৱালক নগদ দি দিছিল আজিম বায়ে। বাকী থকা বিছ টকা দহ টকাকৈ
দি দুমাহত পৰিশোধ কৰাৰ কাৰণে শপত খাইছিল তাই। প্রতিমাহে বিছ টকা
বেতন পোৱাৰ বিষয়ে অৱগত আছিল জুম্মা গুৱাল। সেয়ে সি আজিম বাইক বিশ্বাস কৰি গাইজনী
দি দিছিল।
নহ'লে সি নিজৰ পিতৃ, আনকি তাৰ ইখন হাতে সিখন হাতক বিশ্বাস
নকৰিছিল।
ওৰোটো জীৱন উগ্ৰ চাহ পান কৰি আজিম বাইৰ
ছাল পর্যন্ত কৰ্কশ হৈ পৰিছিল। কিন্তু গাইজনীৰ অনুগ্ৰহত গোলাপী চাহ পান কৰি তাইৰ চকু-মুখত
গোলাপী আভা ফুটি উঠিছিল। পোৱালি নথকাৰ কাৰণে গাইজনীৰ সন্মুখত নিমখ মিহলি এচটা শিল
ৰাখিছিল আৰু গাইজনীয়ে নিমখ েেলকি চেলেকি শাতভাবে থিয় দি থাকিছিল।
মাহিলী বিছ টকা উপার্জনেই আজিম বাইৰ জীৱনলৈ প্ৰাচুৰ্য আনি দিছিল। মৰহি যোৱা সংসাৰখন
পুনৰ ঠন ধৰি উঠিছিল। মাটিৰ হাড়ী-চৰুৰ ঠাইত এলুমিনিয়ামৰ হাড়ী-চৰু হৈছিল। ঘৰলৈ
বিছনা-চাদৰ আহিছিল আৰু ফটা কাপোৰৰ সলনি আহিছিল নতুন কাপোৰ। অৰ্থাৎ
ঘৰ-দুৱাৰ জকমকীয়া হৈ উঠিছিল আৰু ঘৰখনৰ গৰাকী আজিম বাই আজিমৰ পৰা হৈ পৰিছিল
আজিমী বাই।
আজিমী বাই, ক’ৰ
পৰানো আহি আছা? বাটে-ঘাটে লগ পালেই মানুহবোৰে এইদৰে খা-খবৰ
লৈছিল।
ক’ৰ পৰানো আৰু
আইহম, বোপা। ৰমজুক ভাত দি আহি আছো।
ৰমজু আজিমী বাইৰ পুতেক। নাদিৰাতকৈ সৰু।
আগতে সি বেলেগৰ গৰু-ছাগলী চৰাইছিল। বায়েকে শিক্ষয়িত্ৰী চাকৰি পোৱাৰ পাছৰে পৰা
সি নিজৰ গাইজনীক চৰাবলৈ লৈছিল। বেলেগৰ গৰু-ছাগলী চৰাবলৈ গৈ সি ভয় আৰু চিন্তাত
একেবাৰে চৰাই পোৱালিৰ দৰে হৈ পৰিছিল। জানো, কোনজনী গাইৰ
পোৱালি কেতিয়া কাৰ খেতিত সোমাই যায় ! কিন্তু সিহঁতৰ গাইজনীতো লাখৰ ভিতৰত এটা
আছিল। য'ত এৰি দিছিল ত’তে ঘাঁহ খাইছিল;
টলৌ-টলৌকৈ ঘূৰি নুফুৰিছিল।
দিন বাগৰি আছিল আৰু নাদিৰাৰ লগতে ৰমজুৰ
বয়সো তিনি বছৰ বাঢ়ি গৈছিল৷ তেতিয়াৰ দিনত সেই বয়স বিয়াৰ বাবে যথেষ্ট বুলি ভবা হৈছিল।
আজিমী বাইৰ মনতো বোৱাৰী অনাৰ বাবে হেঁপাহ উপজিছিল। একো নহ'লেও ভাতকেইটাতো
ৰান্ধিব পাৰিব! লগতে কথা-বতৰা পতাৰ কাৰণে মানুহ এজনীও পোৱা যাব।
নাদিৰাতো ওৰেটো দিন স্কুলতে কটায়। খোদাই দিছে যেতিয়া বুঢ়া হাড়ক জিৰণি দিয়াও
উচিত। এইবোৰ
কথা ভাবি আজিমী বায়ে এদিন নাদিৰাক কৈছিল- শুনচোন আই, এতিয়া ৰমজুৰ ক'ৰবাত
কিবা এটা ব্যৱস্থা কৰা উচিত। যাতে মই এই বৃদ্ধ বয়সত কিছু আৰামত কটাব পাৰো।
তুমি তাৰ বায়েক। তুমি তাৰ ভালৰ কাৰণে চিন্তা নকৰিলেনো কোনে কৰিব?
আই, তোমাৰ কোন
আদেশনো মই লংঘন কৰিছো? ছোৱালী বিতাপি ৰমজুৰ বিয়া পাতি দিয়া। নাদিৰাই উত্তৰত
কৈছিল।
আজিমী বায়ে ছোৱালী বিচাৰিবলৈ আৰম্ভ
কৰিছিল আৰু মনে বিচৰা ধৰণে এজনী ছোৱালী পায়ো গৈছিল। কথা-বতৰা পতাৰ পাছত ৰমজু
দেখি নহয়, ঘৰখনৰ সুখ-স্বচ্ছন্দ দেখি ছোৱালী ঘৰে মত দি
দিছিল। বিয়াৰ পাছত ছোৱালীয়ে দুমুঠি পেট ভৰাই খাবলৈ পাব যেতিয়া ছোৱালী
ঘৰৰ ইয়াতকৈনো কি আনন্দৰ কথা হ’ব পাৰে? আজিমী বাইৰ
সৌভাগ্যৰ বলতে ৰমজুৰ বিয়াৰ দিনাই গাইজনীয়ে এটা চিকচিকীয়া পোৱালি পোৱালি জন্ম দিছিল। কোনে কয়,
জন্তু নির্বোধ ? জন্তুৰ বিগত দিনৰ কাৰণে অনুতাপ আৰু
অনাগত দিনৰ কৰাণে চিন্তা নাথাকিলেও নিজৰ পোৱালিৰ প্ৰতি অপত্য চেনেহ
নিশ্চয় থাকে। গাইজনীয়ে নিজৰ পোৱালিৰ ফালে নিৰ্নিমেষ দৃষ্টিত চাই থাকিছিল। হয়তো
নিজৰ দুহিতাক
তাই তাইৰ সৰুকালৰ কথা মনত পৰিছিল। হয়তো তাই ভাবিছিল, সংসাৰৰ সকলো
ভালপোৱা, সকলো সম্বন্ধ স্বাৰ্থৰ ওপৰত কেন্দ্ৰীভূত। গাখীৰ নিদিলে কোনোনো
বাঁজী গাইক ঘাঁহ খুৱায় ! আজিমী বাইৰ জীউৰ দৰে আছিল গাইজনী। সন্ধিয়া ঘাঁহ খাই
উভতি অহাৰ পাছত
তাই গাইজনীৰ ডিঙিত আঁকোৱালি ধৰি মৰম কৰিছিল, মৰমেৰে গা
খজুৱাই দিছিল আৰু আলফুলে গা-মূৰ পিহি দিছিল। গোবৰৰ দাগ পর্যন্ত শৰীৰত থাকিবলৈ নিদিছিল।
গাইজনীতো আগৰে পৰাই আছিল, পোৱালিটো আজিমী বাইৰ সখীৰ দৰে হৈ
পৰিছিল। গাইজনী আৰু পোৱালিটোৰ আলপৈচান ধৰি আজিমী বাইৰ নিঃসংগ জীৱন
ব্যস্ততাৰ মাজেৰে পাৰ হৈছিল। পোৱালিটোও তাইপ লগত মিলি গৈছিল। কিয়নো মিলি নাযাব!ৱ আজিমী বায়েয়
কেতিয়াবা তাইক কেঁচা কণী খুৱাইছিল আৰু কেতিয়াবা নিমখ মিহলাই ভাতৰ মাৰ খুৱাইছিল।
খুওৱাৰ সময়ত
কৈছিল- হোঃ খা। খা আৰু স্ফূৰ্তি কৰ। এতিয়াতো তই সৰু হৈ আছ। এতিয়া তোৰ খোৱাৰে
সময়।
নাদিৰাক দেখি বহুতৰে মন আলোড়িত হৈছিল।
কোনোবাই কোনোবাই আজিমী বাইৰ ওচৰলৈ আহি মনৰ কথা ব্যক্তও কৰিছিল। কিন্তু আজিমী
বায়ে কাৰো জালত ধৰা দিয়া নাছিল। তাই জানিছিল, আটায়ে মিছলীয়া
আৰু স্বাৰ্থপৰ। চকু নাদিৰাৰ ওপৰত নহয়, নাদিৰাৰ উপাৰ্জনৰ ওপৰতহে আটায়েৰে চকু। আৰে ম'হৰ
শিং কেতিয়াও ম'হৰ বোজা নহয়। নিজৰ সন্তানক তাই বোজা ভাবি
দলিয়াই পেলাব নেকি? তাই সকলোকে এটাই উত্তৰ দিছিল- সেইখন ঘৰ মোৰ
ছোৱালীৰ কাৰণে উপযুক্ত নহ’ব। নাই নাই, এই কথা ঠিক নহ’ব।
মোৰ ছোৱালী মেট্ৰিক পাছ, উপাৰ্জন কৰে।
নাদিৰাই মনে মনে সকলো দেখিছিল, শুনিছিল;
কিন্তু কেতিয়াও মুখেৰে এটা শব্দও বাহিৰ নকৰিছিল। অৱশ্যে সকলোকে একে
ধৰণৰ পোনপটীয়াভাবে
উত্তৰ দিয়া দেখি দুই এবাৰ তাইৰ খুবেই বেয়া লগিছিল। বিশেষকৈ এবাৰ চুবুৰীয়া গাঁৱৰ
অধ্যাপকে তাইক খুজি ঘটক পঠাইছিল। সেই অধ্যাপকগৰাকীৰ লগত তাইৰ চিনা-জনাও
আছিল আৰু তাই অধ্যাপকগৰাকীক পছন্দও কৰিছিল। কিন্তু মাকে তেঁকো সেই একেই উত্তৰ দিছিল-
মই জীয়েকক দহ ক্রোশ দূৰলৈ বিয়া দি কেনেকৈ উলিয়াই দিও? আৰে, তেতিয়াতো
তাইক চাবলৈ চকু ব্যাকুল হৈ থাকিব.......বুকু ফাটি যাব। নাই নাই নহ’ব। এয়া হ’ব
নোৱাৰে।
সিদিনাৰপৰা নাদিৰাৰ চকুৰ টোপনি নোহোৱা
হৈছিল। ফলত তাইৰ চকুৰ তলত ক’লা দাগ পৰিবলৈ আৰম্ভ কৰিছিল।
পোৱালিটো
কালিলৈকো দুই চাৰি খোজহে দিব পাৰিছিল। চাওঁতে চাওঁতে তায়ো দামুৰি হৈ উঠিল। এতিয়া
তাইতকৈ ডাঙৰ গাইৰ লগতো তাই যুঁজিবলৈ যায়। দুবাৰ তাই আজিমী বাইকো
খুচিবলৈ খেদি আহিছে। কিন্তু আজিমী বাইক শ শ কলহ গাখীৰ দিয়া তাইৰ মাক দুৰ্বল হৈ
গৈ আছিল । তাইৰ কামিহাড় ওলাই পৰিছিল । চামৰাৰ লগত হাড়ৰ মূৰবোৰ ওলাই পৰিছিল।
খোজকঢ়াৰ সময়ত তাইৰ ঠেঙো বৈকা হোৱা যেন দেখা গৈছিল। নাদিৰা প্ৰথমৰ পৰাই
সৰল স্বভাৱৰ আছিল আৰু কমকৈ কথা কৈছিল। ওৰোটো দিন তাই স্কুলতে কটাইছিল আৰু মহৰ শেষত
দৰমহাৰ টকা আনি মাকৰ হাতত দিছিল। তাই দিনে দিনে দুৰ্বল হৈ গৈ আছিল যদিও স্বাস্থ্যৰ
প্ৰতি গুৰুত্ব দিয়া নাছিল। কিন্তু বেমাৰ কিমান দিননো লুকোৱাই ৰাখিব পাৰি!
যেতিয়া তাইৰ চকুৰ লগত ক’লা পৰিল, মুখৰ কমনীয়তা
নোহোৱা হ’ল, কঁপি কঁপি জ্বৰ উঠি স্বাস্থ্য ভাঙি পৰিলতেতিয়া
হেকিমৰ ওচৰলৈ নিয়া হ’ল। কিন্তু চিকিৎসাই ফল নিদিলে। অসুখ বাঢ়ি গৈ
থাকিল। লাহে লাহে তাই শয্যাশায়ী হ’ল। ইফালে আজিমী বাইৰ ওপৰতো এটাৰ পাছত এটা বিপদ
আহিবলৈ ধৰিলে। গাইজনী বেমাৰত পৰিল। আজিমী বায়ে গাইজনী জুম্মা গুৱালক দেখুৱালে.
গুৱালওে নিজৰ ফালৰপৰা কৰিব পৰা সকলো চিকিৎসা কৰিলে। কিন্তু সকলো বৃথা গ’ল।
বেচেৰী বিষত অস্থিৰ হৈ উঠিল। ডিঙিটো দীঘল হৈ যেন ভাঙি গ’ল।
থঁতৰিটো বেঁকা হৈ গ'ল। কণ্ঠৰপৰা গোঁ গোঁ শব্দ বাহিৰ হ’বলৈ
ধৰিলে। মুখৰপৰা লেলাউটিৰ সোঁত ব’বলৈ ধৰিলে আৰু
বেচেৰী চেঁচা পৰি গ'ল।
আজিমী বায়ে নিজৰ দুৰ্ভাগ্যক শাও দি
আছিল আৰু মুচিজনে গাইজনী কাৰোবাৰ পাপৰ ফলত মৰা বুলি দুখ প্ৰকট কৰি আছিল।
(প্রতিদিনৰ সম্ভাৰ-১০ এপ্রিল/২০১১)
নতুন আইন
(মূল— ছাদাত হাছান
মণ্টো)
মংগু কোচোৱানক নিজৰ আড্ডাত খুবেই
বুদ্ধিমান বুলি ভবা হৈছিল, যদিও তাৰ শৈক্ষিক স্থিতি শূন্যপ্ৰায়
আছিল আৰু কেতিয়াও স্কুলৰ মুখ দেখা নাছিল; তথাপিও তাৰ
সমগ্ৰ বিশ্বৰ জ্ঞান আছিল। আড্ডাৰ আটাইবিলাক কোচোৱানে বিশ্বৰ ক’ত
কি সংঘটিত হৈ আছে তাৰ পৰা জানিব বিচাৰিছিল। কাৰণ সিহঁত মংগুৰ প্ৰগাঢ়
জ্ঞানৰ বিষয়ে ভালদৰে পৰিচিত আছিল।
সিদিনা ওস্তাদ মংগুই এজন স্পেনিচ
যাত্ৰী এজনৰপৰা স্পেনত সংঘটিত হৈ থকা যুদ্ধৰ বিষয়ে উৰাবাতৰি শুনাৰ পাছত সি গামা
চৌধুৰীৰ বহল
কান্ধত চাপৰ মাৰি বুদ্ধিদীপ্ত আন্দাজত ভৱিষ্যত বাণী কৰিলে- চাই থাকা চৌধুৰী,
কিছুদিনৰ ভিতৰতে স্পেইনত যুদ্ধ আৰম্ভ হ'ব।
গামা চৌধুৰীয়ে তাক সুধিলে- স্পেইন ক’ত
অৱস্থিত, ওস্তাদ?
মংগুই গম্ভীৰভাবে উত্তৰ দিলে- বিলাতত
আৰু ক’ত?
সঁচাকৈয়ে স্পেনত যুদ্ধ আৰম্ভ হ'ল
আৰু যেতিয়া আটায়ে কথাটো গম পালে, তেতিয়া ষ্টেচনৰ আড্ডাত জুম বান্ধি
হোঁকা হুপি থকা কোচোৱানসকলে ওস্তাদ মংগুৰ মহানতাৰ বিষয়ে মনে
মনে স্বীকৃতি দিবলৈ ধৰিলে। আৰু তেতিয়া মংগুই নিজৰ এজন যাত্ৰীৰ লগত হিন্দু- মুছলমানৰ
মাজত সদ্য সংঘটিত কাজিয়াৰ বিষয়ে ভাব আদান-প্রদান কৰি আছিল।
সিদিনাই সন্ধিয়া সি আড্ডালৈ অহাৰ পাছত
তাৰ চকু-মুখত অসাধাৰণভাবে উত্তেজনা বিৰাজ কৰি আছিল। হোঁকা পৰ্বৰ মাজত যেতিয়া হিন্দু-মুছলমানৰ
মাজত সংঘটিত কাজিয়াৰ বিষয়ে আলোচনা আৰম্ভ হ'ল তেতিয়া
ওস্তাদ মণ্ডই মূৰৰপৰা পাগুৰি খুলি কাষলতিৰ চেপাত ধাৰণ কৰি চিন্তাযুক্ত কণ্ঠত ক’লে-
এইবোৰ কোনোবা এগৰাকী পীৰৰ অভিশাপৰ ফলত হৈ আছে, যাৰ ফলত চাকু
আৰু ছুৰী চলি আছে। মই কোনোবা এজন বয়সিয়াল মানুহৰপৰা শুনিছিলো,
যে আকবৰ বাদচাহই কোনোবা এগৰাকী দৰবেশৰ অন্তৰত আঘাত দিছিল আৰু সেই দৰবেশগৰাকীয়ে
মর্মাহত হৈ অভিশাপ দিছিল- যা, তোৰ হিন্দুসস্থানত সদায় কাজিয়া লাগি
থাকিব। আৰু চোৱা, যেতিয়াৰপৰা আকবৰ বাদচাহৰ ৰাজত্ব ওৰ পৰিছে, তেতিয়াৰ
পৰাই হিন্দুস্থানত কাজিয়াৰ পাছত কাজিয়া সংঘটিত হৈয়ে আছে। এইদৰে কৈ সি
হুমুনিয়াহ কাঢ়িলে আৰু হোঁকাত হোপা মাৰি পুনৰ আৰম্ভ কৰিলে- এই কংগ্ৰেছীসকলে
হিন্দুস্থানক স্বাধীন কৰিব বিচাৰে। মই কওঁ, যদি এওঁলোকে
হাজাৰ বছৰো মূৰ
খুন্দিয়াই থাকে একো নহ'ব। বৰ বেছি এনেকুৱা হ’ব যে, ব্ৰিটিছসকল
গুচি যাব আৰু কোনোবা ইটালীয়ান অথবা ৰাছিয়ান আহি যাব। কিন্তু হিন্দুস্থান
সদায় গোলাম হৈয়ে থাকিব। এৰা, মই ক’বলৈ পাহৰিয়ে
গৈছো, পীৰে এই অভিশাপ দিছিল, যে সদায় বাহিৰৰপৰা মানুহ আহি হিন্দুস্থানত
ৰাজত্ব কৰিব।
ওস্তাদ মংগুৰ ব্ৰিটিছসকলৰ প্ৰতি বৰ
বিদ্বেষ আছিল আৰু এই বিদ্বেষৰ কাৰণ হিচাপে সি কৈছিল, যে সিহঁতে
হিন্দুস্থানত নিজৰ টকা চলায় আৰু বিভিন্ন প্ৰকাৰৰ অত্যাচাৰ কৰে।
কিন্তু এই বিদ্বেষৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল, ছাউনীৰ গোৰাসকলে
তাক বৰ আমনি কৰিছিল। সিহঁতে তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছিল যে,
সি যেন এটা দুষ্ট কুকুৰহে। ইয়াৰ বাহিৰেও সিহঁতৰ গাৰ বৰণ তাৰ মুঠেই
পছন্দ নাছিল। সি যেতিয়া কোনো গোৰাৰ শুকান আৰু বগা চেহেৰা
প্ৰত্যক্ষ কৰিছিল, তেতিয়া তাৰ ওকালি অহাৰ দৰে ভাব হৈছিল। নাজানো
কিয়, সি কৈছিল যে, সিহঁতৰ ৰঙা শুকান চেহেৰা দেখিলে তাৰ
লাচৰ কথা মনত পৰি যায়, যাৰ শৰীৰৰপৰা ৰঙা পাতল ছাল গলি গলি সৰি পৰিছে।
যিদিনা কোনো মদপী গোৰাৰ লগত তাৰ
কাজিয়া হৈছিল, সিদিনা ওৰেটো দিন তাৰ মন অশান্ত হৈ থকিছিল আৰু
সন্ধিয়া আড্ডালৈ আহি হল মার্কা চিগাৰেট হুপিছিল, নহ’লে
হোঁকা হুপি হুপি গোৰাসকলক প্রাণ খুলি গালি পাৰিছিল.…...
’ এইদৰে মোটা গালি দিয়াৰ পাছত সি ঢিলা
পাগুৰিসহ নিজৰ মূৰটোক জোঁকাৰি জোঁকাৰি কৈছিল- জুই নিবলৈ আহি এতিয়া সিহঁত ঘৰৰ
মালিকে হৈ পৰিছে। আমাক বৰ ব্যতিব্যস্ত কৰি ৰাখিছে এই বান্দৰৰ পুতেকহঁতে। এনেকুৱা
ভেম দেখুৱায় যেন আমি সিহঁতৰ বাপেকৰ চাকৰহে.….....…. ইয়াৰ পাছতো তাৰ
খং উপশম নহৈছিল। যেতিয়ালৈকে কোনো লগৰীয়া তাৰ কাষত বহি থাকিছিল তেতিয়ালৈকে সি
নিজৰ বুকুৰ
জুই উদ্গীৰণ কৰিছিল।
সিহঁতৰ চেহেৰা চাইছানে তুমি- যেন কুষ্ঠ
ৰোগী--- একেবাৰে অস্পৃশ্য। মাৰ এক থাপৰ, যেন সিহঁতক পিটি পিটি মাৰিয়ে পেলাব, এনেকুৱা
ভংগী কৰিছিল সি। তোৰ জানৰ কচম, প্রথমে ভাবিছিলো, মালাউনসকলৰ
জুপুৰিৰ খেৰবোৰ উৰুৱাই দিওঁ, কিন্তু সেই খেয়াল ত্যাগ কৰিলো।
সিহঁতৰ নিচিনা নিৰীহক মাৰিলে নিজৰে অপমান....এইদৰে কৈ খন্তেক সময়ৰ কাৰণে মনে মনে
থাকে আৰু খাকী চোলাৰ অস্তিনেৰে নাক চাফা কৰাৰ পাছত পুনৰ বলকিবলৈ ধৰে-
ভগবানৰ কচম, এইসকল লাট
চাহাবৰ দম্ভালি চাই চাই অস্থিৰ হৈ উঠিছো। যেতিয়া ক'ৰবাত সিহঁতৰ
অমংগলীয়া চেহেৰা দেখা পাওঁ, সিৰা-উপসিৰাত তেজ টগবগ কৰি ফুটিবলৈ
আৰম্ভ কৰে। কোনোবা নতুন আইন হ’লে এওঁলোকৰপৰা ৰক্ষা পৰো। তোৰ কচম,
দেহত প্ৰাণ সঞ্চাৰ হয়।
আৰু তেতিয়াই ওস্তাদ মংগুই কাছাৰীৰ পৰা
দুজন যাত্ৰী তুলিলে আৰু সিহঁতৰ আলোচনাৰপৰা সি গম পালে যে, হিন্দুস্থানত
নতুন আইন প্ৰণয়ন
হ’বলৈ গৈ আছে, তেতিয়া তাৰ আনন্দৰ সীমা নোহোৱা হ'ল।
সেই মাৰোৱাৰীসকল, যিসকল
দেৱানী মোকদমা সংক্ৰান্তত কাছাৰীলৈ আহিছিল, ঘৰলৈ যোৱাৰ
সময়ত সিহঁতে নতুন আইন অর্থাৎ ইণ্ডিয়া এক্টৰ বিষয়ে পৰম্পৰৰ মাজত
আলোচনা কৰি আছিল- শুনিছো, পহিলা এপ্ৰিলৰপৰা হিন্দুস্থানত নতুন
আইন চালু হ’ব- তেতিয়া প্ৰতিটো বস্তুই সলনি হ’ব
নেকি?
সকলো বস্তু অৱশ্যে সলনি নহ’ব,
কিন্তু কোৱা হৈছে যে, বহুত কিবা-কিবি সলনি হ’ব
আৰু হিন্দুস্থানীসকলে স্বাধীনতা পাব।
কিয়, কৰৰ বিষয়েও
কিবা নতুন আইন পাছ হ’ব নেকি?
সেই মাৰোৱাৰীসকলৰ আলোচনাই মংগুৰ মনত
অবর্ণনীয় আনন্দ উৎপন্ন কৰি আছিল। সচৰাচৰ সি সদায় নিজৰ ঘোঁৰাক গালি পাৰে আৰু চাবুকেৰে
বেয়া ধৰণে পিটে, কিন্তু সিদিনা সি বাৰে বাৰে পিছলৈ ঘূৰি
মাৰোৱাৰীসকলৰ ফালে চাবলৈ ধৰিলে আৰু নিজৰ বৰ্দ্ধিত গোঁফ বৰ কৌশলেৰে এটা আঙুলিৰে থিয় কৰি ঘোঁৰাৰ
পিঠিৰ গাদী ঢিলা কৰি দিলে আৰু বৰ আদৰৰ সৈতে ক’লে- ব’ল,
বেটা ব’ল--- খন্তেক বতাহৰ স’তে কথা পাতি
দেখুৱা।
মাৰোৱাৰীসকলক সিহঁতৰ গন্তব্যস্থানত
পৌছাই দি সি আনাৰকলিত দীনু হালৈৰ দোকানত আধা সেৰ গাখীৰ-পনীৰৰ চৰবত খাই উগাৰ মাৰিলে
আৰু মুখত গোঁফ ভৰাই চুহি চুহি গগলীয়া মাতেৰে ক'লে- ধেৎত্তেৰি,
যেনেকুৱা তেনেকুৱাই।
সন্ধিয়া আড্ডালৈ ওভতি অহাৰ পাছত
আনদিনাৰ দৰে সি তাত নিজৰ চিনা-জনা কোনো মানুহ লগ নাপালে। তাৰ হৃদয়ত এক অচিনাকি ধুমুহা
বৈ গ’ল। আজি সি তাৰ লগৰীয়াসকলক এটি ডাঙৰ খবৰ শুনাব বিচাৰিছিল— খুবেই
ডাঙৰ খবৰ আৰু সেই খবৰ তাৰ অভ্যন্তৰৰ পৰা বাহিৰলৈ ওলোৱাৰ কাৰণে খুবেই বিচলিত হৈ
আছিল। কিন্তু তাত কোনো নাছিল।
চাবুক কাষলতিত ধাৰণ কৰি আধা ঘণ্টা সময়
সি ষ্টেচনৰ আড্ডাৰ লোৰ ছাদৰ তলত খুবেই বিচলিত অৱস্থাত ঘূৰা-ঘূৰি কৰিলে । তাৰ মনত ভাল
ভাল চিন্তাৰ উদ্রেক হ’ল। নতুন আইন চালু হোৱাৰ খবৰে তাক এখন নতুন
পৃথিবীত থিয় কৰালে। নতুন আইন, যি আইন পহিলা এপ্ৰিলৰপৰা হিন্দুস্থানত চালু হ’বলৈ
গৈ আছে, নিজৰ মস্তিষ্কৰ সমগ্ৰ বাতি জ্বলাই সি সেই আইনৰ বিষয়ে বিচাৰ-বিমৰ্ষ
কৰিবলৈ ধৰিলে। তাৰ কাণত মাৰোৱাৰীসকলৰ সেই আশংকা- ‘কিয়,
কৰৰ বিষয়েও নতুন আইন পাছ হ’ব নেকি?” এই কথা বাৰে
বাৰে ধ্বনিত প্ৰতিধ্বনিত হ’বলৈ ধৰিলে। তাৰ সমগ্ৰ শৰীৰত প্ৰসন্নতাৰ লহৰ
ঢৌ খেলি গ'ল। কে’বাবাৰো সি নিজৰ ঘন গোঁফৰ তলত হাঁহি মাৰি
মাৰোৱাৰীসকলক গালি দিলে- দৰিদ্ৰৰ খাটিয়াত প্ৰৱেশ কৰা উৰহ- নতুন আইন
সিহঁতৰ কাৰণে বাঢ়নি পানীৰ দৰে কাম কৰিব।
সি অত্যন্ত প্রসন্ন আছিল। বিশেষকৈ
তেতিয়া তাৰ মনটো বহুত প্ৰসন্ন হ’ল যেতিয়া তাৰ খেয়াল হ’ল
যে গোৰাসকল- বগা নিগনি (সি সিহঁতক এই নামেৰেই সম্বোধন কৰিছিল)ৰ
থঁতৰিবোৰ নতুন আইন চালু হোৱাৰ লগে লগে বিলবোৰত চিৰদিনৰ কাৰণে বিলুপ্ত হৈ যাব।
নখু গঞ্জা পাগুৰি কাষলতিত ধাৰণ কৰি
আড্ডাত প্ৰৱেশ কৰাৰ পাছত ওস্তাদ মংগু আগবাঢ়ি আহি তাৰ লগত মিলিত হ’ল
আৰু তাৰ হাত নিজৰ হাতত লৈ উচ্চকণ্ঠত ক’বলৈ
ধৰিলে- দে ভাই, হাত এইফালে দে- এনেকুৱা খবৰ শুনাম যে অন্তৰ
শাঁত পৰি যাব- তোৰ এই তপামূৰত চুলি গজি যাব।
আৰু এইদৰে কোৱাৰ পাছত মংগুই খুব মজা
কৰি নতুন আইনৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিলে। কথা-বতৰাৰ মাজত সি কে’বাবাৰো
নথু গঞ্জাৰ হাতত জোৰে জোৰে চাপৰ মাৰি ক'লে- তই চাই থাক, কি হয়! এই
ৰুছৱালা বাদচাহই কিবা নহয় কিবা এটা কৰিহে এৰিব।
ওস্তাদ মংগুই তৎকালীন চোভিয়েত
ৰাছিয়াৰ সাম্যবাদী ব্যৱস্থাৰ বিষয়ে বহু কিবা-কিবি শুনিছিল আৰু ৰাছিয়াৰ নতুন আইন
আৰু অন্যান্য নতুন বস্তু সি খুব পছন্দ কৰিছিল। সেয়ে সি
নভবা-নিচিন্তাকৈ ‘ৰুছৱালা বাদচাহ’ক ইণ্ডিয়া এক্ট
অৰ্থাৎ নতুন আইনৰ লগত সাঙুৰি পেলাইছিল আৰু পহিলা এপ্ৰিলত পুৰণি ব্যৱস্থাত যি
নতুন আইন প্রণয়ন হ’বলৈ গৈ আছিল সেয়া সি ‘ৰুছৱালা বাদচাহ’ৰ
প্ৰভাৱৰ পৰিণাম বুলি ধাৰণা কৰিছিল।
কিছুদিনৰপৰা পেশ্বাৱৰ আৰু অন্যান্য
চহৰত ৰঙা কুৰ্তাৱালাসকলৰ এক আন্দোলন অব্যাহত আছে। ওস্তাদ মংগুই সেই আন্দোলনক নিজৰ ভাৱনাত
‘ৰুছৱালা বাদচাহ’ আৰু নতুন আইনৰ লগত একাকাৰ কৰি
পেলাইছিল। ইয়াৰ উপৰিও সি কেতিয়াবা কাৰোবাৰপৰা শুনিছিল, যে অমুক
চহৰত ইমান বোমা নির্মাণকাৰী গ্ৰেপ্তাৰ কৰা হৈছে অথবা অমুক ঠাইত ইমান বিদ্রোহী
মানুহৰ বিৰুদ্ধে মোকদমা চলোৱা হৈছে’ এই সমগ্র ঘটনাক সি নতুন আইন চালুৰ আগত
লোৱা কাৰ্যব্যৱস্থা বুলি ভাবিছিল আৰু সি মনে মনে প্ৰসন্ন হৈ উঠিছিল।
এদিন তাৰ বাগীত দুজন বেৰিষ্টাৰ আৰোহণ
কৰি নতুন আইনৰ বিষয়ে জোৰে জোৰে সমীক্ষা চলাই আছিল আৰু সি মনে মনে তেওঁলোকৰ আলোচনা
শুনি আছিল। তেওঁলোকৰ ইজনে সিজনক কৈ আছিল- নতুন আইনৰ দ্বিতীয় অংশ ‘ফেডাৰেশ্বন’
যি এতিয়ালৈকে মোৰ বোধগম্য হোৱা নাই। এনেকুৱা ফেডাৰ্শেনৰ কথা
এতিয়ালৈকে বিশ্বৰ ইতিহাসত ক’তো শুনা নাই বা দেখা নাই। ৰাজনৈতিক
দৃষ্টিকোণৰপৰা চালেও এই ফেডাৰেশ্বন সম্পূর্ণ ভুল, এনেকি
কোৱা উচিত যে এয়া কোনো ফেডাৰেশ্বনে নহয়।
এই বেৰিষ্টাৰদ্বয়ৰ মাজত হোৱা কথা-বতৰা,
যাৰ অধিকাংশ শব্দ ইংৰাজীত প্ৰয়োগ কৰা হৈছিল, তাৰ পৰা ওস্তাদ
মংগুই এটা বাক্য কোনোমতে হৃদঙ্গম কৰিব পাৰিলে যে, তেওঁলোকে
ভাৰতত নতুন আইন চালু হোৱাটোক বেয়া বুলি ভাবি আছে আৰু বিচৰা নাই, যে তেওঁলোকৰ
দেশ স্বাধীন হওঁক। এই ধাৰণাৰদ্বাৰা প্ৰভাৱিত হৈ সি কে’বাবাৰো
বেৰিষ্টাৰদ্বয়ৰ ফালে বিদ্বেষপূৰ্ণ দৃষ্টিৰে চাই মনে মনে ক'লে- তেনেই
শিশু।
যেতিয়া সি কাকো অনুচ্চ সুৰত ‘তেনেই
শিশু’ বুলি কৈছিল, তেতিয়া সি এইদৰে উপলব্ধি কৰি প্ৰসন্ন
হৈছিল যে সি এই নাম উপযুক্ত পাত্ৰত প্ৰয়োগ কৰিছে। কাৰণ সি ভদ্ৰ
ব্যক্তি আৰু তেনেই শিশুৰ মাজত প্ৰভেদ কৰাৰ ক্ষমতা ৰাখিছিল।
এই ঘটনাৰ তৃতীয় দিনা চৰকাৰী কলেজৰ
তিনিজন ছাত্ৰক নিজৰ বাগীত বহুৱাই মজংগৰ ফালে গৈ আছিল। সি ছাত্র তিনিজনক নিজৰ মাজত
আলোচনা কৰা শুনিলে- নতুন আইনে মোৰ প্ৰত্যাশা আৰু বঢ়াই দিছে। যদি...চাহাবসকল
এচেম্বলিৰ সদস্য হয়, তেনেহ'লে কোনো চৰকাৰী বিভাগত নিশ্চয় চাকৰি হৈ যাব।
এনেয়েও বহু ঠাইত পদ খালী হৈ যাব।
সম্ভৱতঃ এই খেলি-মেলিৰ মাজত আমাৰ হাতলৈ কিবা এটা আহি যাব।
এৰা, নিশ্চয় হ’ব।
যিসকল গ্রেজুৱেট বেকাৰ হৈ ঘূৰি আছে,
সিহঁতৰ সংখ্যাও কিছু হ’লেও কমিব।
এই আলোচনা শুনাৰ পাছত ওস্তাদ মংগুৰ মনত
নতুন আইনৰ প্ৰতি শ্ৰদ্ধা আৰু বঢ়াই দিলে। আৰু সি নতুন আইনক চক্চকীয়া বস্তু বুলি ভাবিলে।
নতুন আইন....! আৰু সি দিনত কে’বাবাৰো ভবা হ’ল, নতুন
আইন- অর্থাৎ কোনো নতুন বস্তু। আৰু এইদৰে ভবাৰ সময়ত প্রতিবাৰেই তাৰ চকুৰ আগত ঘোঁৰাৰ নতুন
অলংকাৰ ভাহি উঠিছিল, যি অলংকাৰ সি দুই বছৰ আগতে খোদাবক্সৰপৰা ভালদৰে
দৰ-দাম কৰি কিনিছিল।
এই সাজ যেতিয়া নতুন আছিল তেতিয়া নিকেল খটুৱা লোৰ বুতাম চক্মক্ কৰিছিল আৰু য’ত য’ত
পিতল খটুৱা আছিল ত'ত ত'ত সোণৰ দৰে জিলিকিছিল। এই দৃষ্টিকোণৰ
পৰাও নতুন আইন জিক্মিকা হোৱাটো জৰুৰী বুলি সি ভাবিছিল।
অৱশেষত এপ্ৰিললৈকে ওস্তাদ মংগুই নতুন
আইনৰ বিপক্ষে আৰু স্বপক্ষে বহু কিবা-কিবি শুনিলে, কিন্তু আইনৰ
বিষয়ে সি যিবোৰ কথা নিজৰ মনত কল্পনা কৰিছিল, সেয়া পৰিৱৰ্তন
কৰিব নোৱাৰিলে। সি উপলব্ধি কৰিছিল যে, পহিলা এপ্ৰিলত নতুন আইন চালু হোৱাৰ
পাছত সকলো
স্পষ্ট হৈ পৰিব আৰু তাৰ বিশ্বাস আছিল যে, নতুন আইন চালু হোৱাৰ পাছত যিবোৰ বস্তু
চকুত পৰিব সেইবোৰে তাৰ চকু শাঁত পেলাব।
অৱশেষত মাৰ্চৰ একত্ৰিছ দিন পাৰ হৈ গ'ল
আৰু এপ্ৰিল আৰম্ভ হ’বলৈ ৰাতিৰ মাথোন কেইটামান ঘণ্টাহে বাকী থাকিল।
বতৰ গতানুগতিকৰ বিপৰীতে কিছু অধিক চেঁচা আছিল আৰু জোৰে জোৰে
বতাহ বলি আছিল। পহিলা এপ্ৰিলৰ ধলপুৱাতে ওস্তাদ মংগু শোৱাপাটী এৰি উঠি পৰিল
আৰু আস্তাৱললৈ গৈ বাগীত ঘোঁৰা জোঁটি বাহিৰলৈ ওলাই আহিল । তাৰ মন সিদিনা
অস্বাভাৱিকভাবে প্রসন্ন আছিল- সি নতুন আইন দেখিব!
সি ৰাতিপুৱাৰ ঠাণ্ডা আৰু কুঁৱলীকো
আওকাণ কৰি খোলা বজাৰত চক্কৰ লগালে। কিন্তু সি সকলো বস্তু পুৰণিয়ে দেখা পালে-
আকাশৰ দৰে
পুৰণি। তাৰ চকু সিদিনা মাথোন নতুন বস্তু চোৱাৰ কাৰণে ব্যাকুল হৈ আছিল, কিন্তু
ঘোঁৰাৰ মূৰত পিন্ধোৱা ৰং-বিৰঙৰ অলংকাৰৰ বাহিৰে মাথোন সকলো পুৰণি বস্তু তাৰ চকুত
পৰিবলৈ ধৰিলে। আগৰ অলংকাৰ পুৰণি হোৱাৰ কাৰণে এই নতুন অলংকাৰ সি ৩১ মাৰ্চত নতুন আইন চালু
হোৱাৰ আনন্দত চৌধুৰী খোদাবক্সৰ পৰা চাৰে চৌধ্য আনাত কিনিছে।
ঘোঁৰাৰ খুৰাৰ শব্দ, ক'লা
ৰাস্তা আৰু ৰাস্তাৰ কাষে কাষে আঁতৰে আঁতৰে পোতা বিদুলি বাতিৰ খুঁটা, দোকানত
লগোৱা বোর্ড, ঘোঁৰাৰ ডিঙিত অঁৰা ঘুগুৰাৰ জুনজুন শব্দ,
বজাৰত চলাচল কৰা মানুহ.....ইয়াৰ মাজত কোনবোৰ বস্তু নতুন আছিল,
স্পষ্টতঃ কোনো বস্তুই নহয়। কিন্তু ওস্তাদ মংগু হতাশ নহ'ল।
এতিয়া খুবেই পুৱা। সকলো দোকান বন্ধ।
এই চিন্তাই তাক কিছু সান্ত্বনা দি আছিল। ইয়াৰ বাহিৰেও সি ভাবিছিল- হাইকোর্টত ন
বজাৰ পাছতহে
কাম আৰম্ভ হয়। তাৰ আগত নতুন আইন কেনেকৈ চকুত পৰিব?
তাৰ বাগী চৰকাৰী কলেজৰ গেট পোৱাৰ পাছত
কলেজৰ চকীদাৰে ন বজাৰ ঘণ্টা বজালে। যিসকল বিদ্যার্থী কলেজৰ বহল গেটেৰে বাহিৰলৈ
ওলাই আছিল সিহঁত খুবেই আনন্দিত আছিল। কিন্তু ওস্তাদ মংগুৰ চকুত সিহঁতৰ কাপোৰ
মলিয়ন যেন অনুমান হ’বলৈ ধৰিলে। তাৰ চকু সিদিনা চিক্মিকীয়া বস্তু চোৱাৰ
কাৰণে আগ্রহী আছিল কাৰণেই সম্ভৱতঃ এনেকুৱা অনুমান হৈ আছিল।
বাগী সোঁফালে ঘূৰাই সি কিছু সময় পাছত
আনাৰকলি পালেহি। তেতিয়া বজাৰৰ প্ৰায় অৰ্দ্ধেক দোকানে খোলা হৈছিল আৰু মানুহৰ
আহ-যাহও বৃদ্ধি পাইছিল। হালৈৰ দোকানত গ্ৰাহকৰ খুব ভিৰ লাগি আছিল। মনোহাৰী দোকানৰ
কাঁচৰ আলমাৰিৰ ভিতৰত সজাই থোৱা চিক্চিকীয়া বস্তুবোৰে গ্ৰাহকক আকৰ্ষিত কৰি আছিল
আৰু বিজুলি তাঁৰৰ ওপৰত কেইটামান পাৰ চৰাই পৰষ্পৰৰ লগত কাজিয়াত লিপ্ত হৈ আছিল।
কিন্তু এইবোৰ
বস্তুৰ প্ৰতি ওস্তাদ মংগুৰ কোনো ধৰণৰ আকৰ্ষণ নাছিল। সি নতুন আইন চাব বিচাৰিছিল।
ঠিক সেইদৰে, যিদৰে সি নিজৰ ঘোঁৰাটোক দেখি আছিল।
যেতিয়া ওস্তাদ মংগুৰ ঘৰত সন্তান জন্ম
হ’ব লগা আছিল, তেতিয়া সি চাৰি পাঁচ মাহ খুবেই
অস্থিৰভাবে পাৰ কৰিছিল। তাৰ বিশ্বাস আছিল যে, সন্তান কোনো
নহয় কোনোবা দিন নিশ্চয় জন্ম হ’ব। কিন্তু সি অপেক্ষাৰ সময়বোৰ পাৰ কৰা
কঠিন পৰিছিল। সি সন্তানটোক মাথোন এপলকৰ কাৰণে চাব বিচাৰিছিল। তাৰ পাছত সন্তান
জন্ম হৈ থাকিল। এই দুর্দমনীয় ইচ্ছাৰ প্ৰভাৱস্বৰূপ সি কে’বাবাৰো নিজৰ
বেমাৰী পত্নীৰ পেট টিপি আৰু পেটৰ ওপৰত কাণ স্থাপন কৰি নিজৰ
সন্তানৰ অৱস্থিতিৰ বিষয়ে জানিব বিচাৰিছিল, কিন্তু সফল হোৱা
নাছিল। এইদৰে অপেক্ষা কৰি কৰি ক্লান্ত হৈ সি পত্নীক গালি
পাৰিছিল- তই সদায় মৃত মানুহৰ দৰে পৰি থাক। উঠ, সামান্য
ফুৰা-চকা কৰ। তেতিয়া তোৰ দেহত সামান্য হ’লেও বল আহিব। তই
তক্তাৰ দৰে পৰি থাকিলে একো নহ’ব। তই ভাবিছ নেকি, এইদৰে
পৰি থাকিলে সন্তান জন্ম দিব পাৰিবি?
ওস্তাদ মংগু খৰতকীয়া স্বভাৱৰ আছিল। সি
প্রত্যেক কাৰণক ব্যৱহাৰিকভাবে চোৱাৰ কাৰণে মাথোন আগ্ৰহীয়ে নাছিল, জিজ্ঞাসুও আছিল
। তাৰ খৰতকীয়া স্বভাৱলৈ চাই তাৰ গৰ্ভৱতী পত্নীয়ে প্ৰায়ে এইদৰে কৈছিল-
এতিয়ালৈকে কুঁৱা খন্দাই হোৱা নাই আৰু তুমি পিয়াহত কাতৰ হৈ পৰিছা।
যিয়ে নহওঁক, ওস্তাদ মংগু
নতুন আইনৰ অপেক্ষাত অৱশ্যে সিমান অধৈৰ্য হোৱা নাই, যিমান তাৰ
স্বভাৱ অনুসাৰে হ’ব লাগিছিল। আজি সি নতুন আইন চোৱাৰ কাৰণে ঘৰৰপৰা ঠিক
সেইদৰে ওলাই আহিছে, যিদৰে গান্ধী অথবা জৱাহৰলালৰ সমদলৰ দৃশ্য চোৱাৰ
কাৰণে মানুহ ওলাই আহে।
সমদলত হোৱা হাই-উৰুমি আৰু নেতাৰ ডিঙিত
দিয়া ফুলৰ মালালৈ চাই মংগুই নেতাৰ মহানতা নির্ণয় কৰিছিল। কোনো নেতাক গেন্দা ফুলৰ
মালাৰে লাদি পেলালে মংগুই তেওঁক ডাঙৰ মানুহ বুলি ভাবিছিল। আৰু কোনো নেতাৰ সমদলত
ভিৰৰ কাৰণে দুই তিনিবাৰ সংঘাত হওঁতে হওঁতে ৰৈ গ'লে
মংগুৰ চকুত তেওঁ আৰু ডাঙৰ নেতা। এতিয়া নতুন আইনক সি নিজৰ মস্তিস্কৰ সেই তৰ্জুৰে
জুখিব খুজিছে।
আনাৰকলিৰপৰা ওলাই সি মাল ৰোডৰ কিট্কিচীয়া
ৰাস্তাৰে লাহে লাহে তাৰ বাগী দৌৰাই আছিল। এনেতে মটৰৰ দোকানৰ ওচৰৰপৰা ছাউনি
যোৱা এজন যাত্রী পাই গ'ল। ভাড়া নিৰ্দ্ধাৰণ হোৱাৰ পাছত সি ঘোঁৰাক
চাবুক দেখুৱালে আৰু মনে মনে ক’লে- ব’লা, ভালেই
হ’ল- সম্ভৱতঃ ছাউনিৰ পৰাই এই নতুন আইনৰ বিষয়ে কিছু
কথা জানিবপৰা যাব।
ছাউনিলৈ আহি ওস্তাদ মংগুই যাত্ৰীজনক
তাৰ নিৰ্দ্ধাৰিত ঘৰত নমাই দিলে আৰু পকেটৰপৰা চিগাৰেট উলিয়াই বাঁও হাতৰ শেষৰ দুটা আঙুলিৰ
মাজত স্থাপন কৰি জুই জ্বলাই গাড়ীৰ পিছৰ ছিটৰ গাদীত আৰামকৈ বহিল- ওস্তাদ মংগুই
কোনো বিগত ঘটনাৰ বিষয়ে ভাবিব লগা হ’লে সাধাৰণতে
এইদৰে আগফালৰ ছিট এৰি পিছফালৰ ছিটত আৰামেৰে বহি নিজৰ ঘোঁৰাৰ নেজ বাঁও হাতেৰে
মোকোটা মাৰি ধৰে। এনেকুৱা পৰিস্থিতিত তাৰ ঘোঁৰা সামান্য
হেস্বাধ্বনি কৰি লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰে। এইদেৰে কিছু সময়ৰ কাৰণে তাৰ দৌৰা- দৌৰিৰপৰা
ছুটি মিলে। ঘোঁৰাৰ চাল আৰু মংগুৰ মস্তিস্কৰ ভাৱনাৰ গতি কিছু সময়ৰ কাৰণে শিথিল হৈ
পৰে। যিদৰে ঘোঁৰাই ধীৰে ধীৰে দৌৰে, সেইদৰে ওস্তাদ মংগুৰ মস্তিস্কত আইনৰ
বিষয়ে নতুন কল্পনা প্ৰৱেশ কৰি থাকে।
নতুন আইন চালু হ’লে
মিউনিচিপালিটি কমিটিৰপৰা ঘোঁৰা-বাগীৰ নম্বৰ পোৱাৰ ক্ষেত্ৰত কেনেকুৱা নিয়ম হ’ব
সেই বিষয়ে সি চিন্তা কৰি আছিল আৰু এই ক্ষেত্ৰত মনযোগ দিব লগা
বিষয়বোৰ নতুন আইনৰ আলোকত জুকিয়াই চোৱাৰ কাৰণে চেষ্টা কৰি আছিল। সি এই বিষয়ে চিন্তামগ্ন
হৈ থাকোঁতেই কোনোবা যাত্রীয়ে তাক আহ্বান কৰা যেন অনুমান হ’ল। পিছফালে ঘূৰি
চাই সি দূৰত বিজুলি তাঁৰৰ খুঁটাৰ কাষত গোৰাজনক থিয় দি থকা দেখিলে। গোৰাজনে তাক
হাতৰ ইংগিতেৰে মাতি আছিল।
আগতেই কোৱা হৈছে যে, মংগুৰ
গোৰাসকলৰ প্ৰতি খুবেই বিদ্বেষৰ ভাৱ আছিল। গোৰা যাত্ৰীক দেখাৰ লগে লগে তাৰ মনত
বিদ্বেষৰ ভাব
উৎপন্ন হ’ল।
প্রথমে সি ভাবিলে, গোৰাৰ
প্ৰতি গুৰুত্ব নিদিয়াকৈয়ে সি তাক এৰি গুচি যাব, কিন্তু পাছত
খেয়াল হ’ল যে, গোৰাৰ পইচা এৰি দিয়াটো বুৰ্বকামী হ’ব। ঘোঁৰাৰ
অলংকাৰৰ কাৰণে সি অবাবতে চাৰে চৌধ্য আনা ইতিমধ্যে খৰচ কৰিছেই, সেয়া
তাৰ পকেটৰ পৰা উচল কৰা উচিত হ’ব। ব’লা,
গৈ চাওগৈ।
শূন্য ৰাস্তাত খুব কৌশলেৰে বাগী ঘূৰাই
ঘোঁৰাক চাবুক দেখুৱালে আৰু পলকতে আহি সি বিজুলি খুঁটাৰ কাষত উপস্থিত হ’ল।
ঘোঁৰাৰ লেকাম
টানি ধৰি সি বাগী ৰখালে আৰু পিছফালে ঘূৰি গোৰাক সুধিলে- চাহাব বাহাদুৰ, ক’লৈ
যাব খুজিছে?
এই প্রশ্নত খুবেই ব্যংগাত্মক ভংগী
আছিল। ‘চাহাব বাহাদুৰ’ উচ্চাৰণ কৰাৰ সময়ত তাৰ ওপৰৰ গোঁফেৰে
ভৰা ওঁঠ তলৰ ফালে নামি আহিল আৰু কাষৰ গালৰ এইফালেদি বেঁকা হৈ থঁতৰিৰ
ওপৰৰ অংশ স্পৰ্শ কৰিলে। তাৰ মুখমণ্ডল হাঁহি আছিল আৰু নিজৰ অভ্যন্তৰত সি গোৰাক
তাৰ হৃদয়ৰ জুইৰ উত্তাপেৰে জ্বলাই ভস্ম কৰিলে।
বিজুলি খুঁটাৰ কাষত থিয় হৈ গোৰাই
বতাহৰপৰা নিজক বচাই চিগাৰেট হুপি আছিল, সি ঘূৰি বাগীৰ পাদানিৰ ফালে ভৰি
আগবঢ়ালে। হঠাৎ
ওস্তাদ মংগু আৰু গোৰাৰ চাৰি চকুৰ মিলন হ’ল। এটা সময়ত এনেকুৱা ধাৰণা হ’ল
যেন সন্মুখা-সন্মুখি বন্দুকৰপৰা গুলী ফুটিল আৰু পৰষ্পৰৰ লগত সংঘৰ্ষ হৈ এটি জুইৰ ধুমুহা
হৈ উৰি গ'ল।
ওস্তাদ মংগু বাগীৰপৰা নামিবলৈ উপক্ৰম
কৰিছিল আৰু তাৰ সন্মুখত থিয় দি থকা গোৰাৰ ফালে এনেকৈ চাই আছিল, যেন
গোৰাৰ ক্ষুদ্রাতিক্ষুদ্র
অস্তিত্ব নিজৰ দৃষ্টিৰে চোবাই আছিল আৰু গোৰাই নিজৰ নীলা লংপেণ্টৰপৰা অনাকাংক্ষিত
বস্তু জাৰি-জোকাৰি আছিল, যেন সি মংগুৰ এই আক্রমণ পৰা নিজৰ অস্তিত্বৰ
কিছু অংশ সুৰক্ষিত কৰি ৰখাৰ কাৰণে প্ৰযত্ন কৰি আছিল।
গোৰাই চিগাৰেটৰ ধোঁৱা এৰি ক'লে-
যাবা, নে কিবা গণ্ডগোল কৰিবা?
‘ঠিক আছে।’ সি নিজৰ মুখৰ
ভিতৰত শব্দটো দোহাৰিলে আৰু লগে লগে তাৰ পূৰা বিশ্বাস হৈ গ'ল, যে
তাৰ সন্মুখত থিয় দি থকা গোৰাৰ লগত যোৱা বছৰ তাৰ কাজিয়া হৈছিল। আৰু
সেই ব্যৰ্থ কাজিয়াৰ আঁৰত আছিল গোৰাৰ মগজুত ক্রিয়া কৰা মদ, যাৰ কাৰণে সি
বাধ্য হৈ বহু কথা সহ্য কৰিব লগা হৈছিল। ওস্তাদ মংগুই গোৰাৰ
মগজু ঠিক কৰি দিলেহেঁতেন, তাৰ নিচা উৰুৱাই দিলেহেঁতেন, কিন্তু
এক বিশেষ কাৰণত সি মনে মনে আছিল। সি জানিছিল যে, এনে
ধৰণৰ কাজিয়াত আদালতে অৱশেষত কোচোৱানসকলকে দোষী সাৱ্যস্ত কৰে।
ওস্তাদ মংগুই বিগত বৰ্ষৰ কাজিয়া আৰু
পহিলা এপ্ৰিলৰ নতুন আইনৰ প্ৰতি লক্ষ্য কৰি গোৰাক সুধিলে- যাব ক’লৈ?
মংগুৰ শব্দত চাবুকৰ দৰে তীব্ৰতা আছিল।
গোৰাই উত্তৰ দিলে- হীৰা মণ্ডী।
ভাড়া পাঁচ টকা লাগিব। মংগুই গোঁফত তাও
দি ক'লে।
পাঁচ টকাৰ কথা শুনি গোৰা অস্থিৰ হৈ
উঠিল। সি চিঞৰি ক'লে- পাঁচ টকা? কিয় তুমি...
পাঁচ টকা ! পাঁচ টকা বুলি কৈ মংগুই
নোমাল সোঁহাতখন মুঠি মাৰি প্ৰচণ্ড ঘোচা পকোৱাৰ দৰে কৰি ক'লে- যাবা,
নে মিছাতে কথা পাতি সময় বৰবাদ কৰিবা?
ওস্তাদ মংগুৰ শব্দ অধিক কর্কশ হৈ উঠিল।
গোৰাই বিগত বৰ্ষৰ ঘটনাৰ কথা স্মৰণ কৰি
ওস্তাদ মংগুৰ বহল বুকু আওকাণ কৰি বহিল। সি খেয়াল কৰিলে যে, তাৰ মূৰটো পুনৰ
খজুৱাই আছে।
সি এই সাহসপূৰ্ণ ধাৰণাৰদ্বাৰা প্ৰভাৱিত হৈ গৰ্জি বাগীৰ ফালে আগবাঢ়িল আৰু পাদানিত
ভৰি থৈ নিজৰ হাতত থকা লাখুঁটিডালেৰে ওস্তাদ মংগুক বাগীৰপৰা নামি আহিবলৈ
ইংগিত কৰিলে। বেতৰ পাৰ্লিচ কৰা পাতল লাখুঁটিডালেৰে সি ওস্তাদ মংগুৰ কৰঙন দুই
তিনিবাৰমান স্পৰ্শও
কৰিলে। মংগুই ওপৰৰপৰা অপেক্ষাকৃত চাপৰ গোৰাৰ ফালে এনেকৈ চালে যেন সি তাৰ
দৃষ্টিশক্তিৰ ওজনেৰেই তাক পিহি পেলাব। পাছত তাৰ ঘোচা কামানৰ তীৰৰ দৰে ওপৰলৈ
উঠিল আৰু পলকতে গোৰাৰ থঁতৰিৰ তলত আঘাত মাৰিলে। তাৰ পাছত ঠেলা মাৰি গোৰাৰ ভৰি
পাদানিৰপৰা তললৈ নমাই দি সি নিজে তললৈ নামি আহি গোৰাক ধুমধাম পিটিবলৈ আৰম্ভ কৰিলে।
বিস্মিত আৰু চকিত গোৰাই ইফালে সিফালে
হাওলি মংগুৰ প্ৰচণ্ড ঘোচাৰপৰা নিজক বচাবলৈ চেষ্টা চলালে আৰু যেতিয়া সি দেখিলে যে, তাৰ
বিৰোধী বলিয়াৰ দৰে হৈ উঠিছে আৰু চকুৰপৰা জুইৰ ফিৰিঙতি ওলাই আছে তেতিয়া সি জোৰে
জোৰে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।
এই চিঞৰ-বাখৰে ওস্তাদ মংগুৰ হাতৰ কাম
অধিক বৃদ্ধি কৰিলে আৰু গোৰাক বেদম প্ৰহাৰ কৰিবলৈ ধৰিলে ৷ লগে লগে সি ক’বলৈ
ধৰিলে- পহিলা
এপ্রিলতো সেই একেই দম্ভালি... পহিলা এপ্রিলতো সেই একেই দম্ভালি....এতিয়া আমাৰ
ৰাজত্ব, বাছা!
পলকতে মানুহৰ ভিৰ জমি গ'ল
আৰু দুজন চিপাহীয়ে অতি কষ্টেৰে গোৰাক মংগুৰ হাতৰপৰা এৰুৱালে। মংগু চিপাহী দুজনৰ
মাজত থিয়
দি থাকিল। তাৰ বহল স্ফীত বুকু উশাহ-নিশাহৰ ফলত উঠা-নমা কৰি আছিল আৰু মুখৰপৰা ফেন
ওলাই আছিল। সি হাঁহিমুৱা চকুৰে আশ্চর্যচকিভাবে ভিৰৰ ফালে চাই ফোপাই
ফোপাই ক’বলৈ ধৰিলে- সেই দিন এতিয়া আৰু নাই, যেতিয়া খলিল
খাঁই পখী উৰুৱাইছিল..... এতিয়া নতুন আইন, মিয়া নতুন আইন।
আৰু বেচেৰা গোৰাই বিধ্বস্ত চেহেৰাৰে
বুৰ্বকৰ দৰে কেতিয়াবা মংগুৰ ফালে আৰু কেতিয়াবা ভিৰৰ ফালে চাবলৈ ধৰিলে।
ওস্তাদ মংগুক চিপাহী দুজনে থানালৈ লৈ গ'ল।
ৰাস্তাত আৰু থানাৰ ভিতৰত সি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে- ‘এতিয়া নতুন আইন, এতিয়া
নতুন আইন’ কিন্তু তাৰ কথাত কোনেও কর্ণপাত নকৰিলে।
নতুন আইন, নতুন আইন-কি
বলকি আছা--এতিয়াও সেই পুৰণি আইনে চালু হৈ আছে।
আৰু তাক কয়দখানাত আৱদ্ধ কৰিলে।
ঠাণ্ডা মঙহ
(মূল- ছাদাত
হাছান মণ্টো)
ঈশ্বৰ সিং হোটেলৰ কোঠালিৰ ভিতৰত প্ৰৱেশ
কৰাৰ পাছত কুলৱন্ত কৌৰ পালেঙৰ ওপৰত উঠি বহিল। চোকা দৃষ্টিৰে সি কুলৱন্ত কৌৰৰ ফালে
চালে আৰু দুৱাৰৰ ছিটকিনি বন্ধ কৰিলে। নিশা তেতিয়া বাৰ বাজিছিল, চহৰৰ
উপকণ্ঠৰ বস্তিবোৰ আচৰিত ধৰণে প্ৰভাৱপূৰ্ণ নিঃশব্দৰ মাজত বুৰ হৈ আছিল।
কুলৱন্ত কৌৰ এঙামুৰি দি শোৱাৰপৰা উঠি
বহি পৰিল। ঈশ্বৰ সিং কৃপাণ হাতত লৈ কোঠালিৰ একোণত থিয় দি আছিল আৰু সম্ভৱতঃ অস্থিৰতাপূৰ্ণ
ভাৱনাৰ অসংলগ্ন চিন্তাৰ ডোঁৰ খুলি আছিল। কিছু সময় এইদৰে নীৰৱতাৰ মাজত পাৰ হ’ল।
কিছু সময় পাছত কুলৱন্ত কৌৰৰ নিজৰ আসন পছন্দ নহ’ল,
আৰু সি পালেঙৰপৰা ভৰি দুখন নমাই দি দোলাবলৈ ধৰিলে। ঈশ্বৰ সিঙে তথাপিও
কোনো কথা নক’লে।
কুলৱন্ত কৌৰ মঙহাল হাত-ভৰি থকা মহিলা
আছিল। কলহৰ দৰে বহল মঙহাল নিতম্ব, সাধাৰণ অৱস্থাতকৈ অধিক ওখ বুকু,
তেজোদীপ্ত চকু, চকুৰ পতাত চুৰমাৰ আধিক্য, বেণীৰ
গাঁথনি লৈ চাই উপলব্ধি কৰিব পাৰি যে তাই বৰ চৌখীন ধৰণৰ মহিলা।
ঈশ্বৰ সিং মূৰ দোঁৱাই একোণত মনে মনে
থিয় দি আছিল। মূৰত আঁটি বন্ধা পাগুৰি ঢিলা হৈ আছিল। তাৰ কৃপাণ ধৰি থকা হাতখন লাহে লাহে
কঁপি আছিল, কিন্তু তাৰ ভাব-ভংগী আৰু আচৰণৰ পৰা প্ৰতীত হৈ
আছিল, যে কুলৱন্ত কৌৰৰ কাৰণে সি খুবেই উপযুক্ত পুৰুষ।
আৰু কিছু সময় এইদৰে নীৰৱে পাৰ হৈ গ'ল।
কুলৱন্ত কৌৰ চঞ্চল হৈ উঠিল, কিন্তু তেজোদীপ্ত আঁখি নচুৱাই নচুৱাই
তাই মাথোন ইয়াকে ক’লে- ঈশ্বৰ সিংয়া...
ঈশ্বৰ সিং মূৰ দাঙি কুলৱন্ত কৌৰৰ ফালে
চালে, কিন্তু তাই দৃষ্টিত উষ্মা অনাৰ পৰিৱৰ্তে বেলেগ ফালে মুখ ঘূৰাই বহিল।
কুলৱন্ত কৌৰ উচ্চকণ্ঠত চিঞৰিলে-ঈশ্বৰ
সিংয়া.... কিন্তু তাই লগে লগে শব্দৰ গতি লেহেম কৰিলে আৰু পালেঙৰপৰা নামি ঈশ্বৰ
সিঙৰ ফালে
যাওঁতে যাওঁতে ক’লে- ক’ত আছিলা তুমি ইমান দিন?
ঈশ্বৰ সিঙে শুকান ওঁঠত জিভা বুলাই ক'লে-
মই নাজোনো।
কুলৱন্ত কৌৰ অধৈৰ্য হৈ উঠিল- এয়া কোনো
উত্তৰ হ’ল নেকি?
কৃপাণ এফালে দলিয়াই দি ঈশ্বৰ সিং
পালেঙৰ ওপৰত বহি পৰিল। তাক দেখি এনেকুৱা ধাৰণা হৈ আছিল যে, সি বহুদিনৰপৰা
বেমাৰী। কুলৱন্ত
কৌৰ পালেঙৰ ফালে চালে, য’ত ঈশ্বৰ সিং বহি আছিল। তাইৰ হৃদয়ত
অনুকম্পা উৎপন্ন হ’ল। ঈশ্বৰ সিঙৰ মূৰত হাত থৈ তাই মৰমেৰে
সুধিলে- জান, কি হ’ল তোমাৰ?
ঈশ্বৰ সিং ছাদৰ ফালে চাই আছিল, ছাদৰ
পৰা দৃষ্টি আঁতৰাই সি কুলৱন্ত কৌৰৰ পৰিচিত চেহেৰা বিচাৰিবলৈ ধৰিলে- কুলৱন্ত! ………তাৰ সুৰত
বেদনা ভৰা আছিল।
কুলৱন্ত কৌৰৰ শাড়ীৰ আঁচল উৰি আহি তাইৰ
ওপৰৰ ওঁঠত লাগিল। ‘হয় জান’। তাই শাড়ীৰ আঁচল দাঁতেৰে কামুৰি কামুৰি ক'লে।
ঈশ্বৰ সিঙে পাগুৰি খুলি পেলালে। আশ্রয়
প্রার্থনা কৰা দৃষ্টিৰে সি কুলৱন্ত কৌৰৰ ফালে চালে। তাইৰ মঙহাল নিতম্বৰ ওপৰত সজোৰে চাপৰ
মাৰিলে আৰু মূৰটো জোকাৰি নিজকে কোৱাদি ক'লে- এই কুৎসিত মস্তিস্কই
বেয়া........!
কুলৱন্ত কৌৰেও মূৰজোকাৰিলে। মুৰটো
জোকাৰি দিয়াৰ ফলত তাইৰ চুলি মুকলি হৈ গ'ল। খোপা বান্ধি বান্ধি তাই বৰ মৰমেৰে
সুধিলে- ঈশ্বৰ
সিংয়া, ক’ত আছিলা তুমি ইমান দিন?
‘বুৰা’ৰ মাকৰ ঘৰত.....
ঈশ্বৰ সিং কুলৱন্ত কৌৰৰ ফালে ঘূৰি চালে আৰু হঠাৎ দুহাতেৰে তাইৰ উঠন বুকু মোহাৰিবলৈ
ধৰিলে- বাহে গুৰুৰ কচম, তুমি খুবেই চমৎকাৰ তিৰোতা!
মৰমেৰে ঈশ্বৰ সিঙৰ হাত একাষৰীয়া কৰি
কুলৱন্ত কৌৰে সুধিলে- তোমাক মোৰ কচম, কোৱা, ক’ত
আছিলা....? চহৰলৈ গৈছিলা নেকি.....?
ঈশ্বৰ সিঙে এক মোকোটাত নিজৰ চুলি মুঠা
বান্ধি ক’লে- নহয়।
কুলৱন্ত কৌৰ জঁকি উঠিল- নাই নাই,
তুমি নিশ্চয় চহৰলৈ গৈছিলা.... আৰু তুমি বহু টকা লুটপাত কৰি আনিছা,
যিবোৰ মোৰ ওচৰত লুকোৱাই আছা।
সি নিজৰ বাপেকৰ বীজেৰে জন্ম লোৱা নাই,
যিজনে তোমাৰ আগত মিছা মাতে.......
কুলৱন্ত কৌৰ কিছু সময়ৰ কাৰণে মনে মনে
থাকিল, কিন্তু পুনৰ জঁকি উঠিল- কিন্তু মই বুজিব পৰা নাই, সিদিনা
ৰাতি তোমাৰ হৈছিল কি...? মোৰ লগত ভালদৰেই শুই আছিলা, চহৰৰ
পৰা লুট কৰি অনা সমস্ত গহেনা মোক পিন্ধাই দিছিলা ৷ মোৰ চুম্বন উপভোগ কৰি আছিলা, কিন্তু
নাজানো, সিদিনা তোমাৰ কি হৈছিল- উঠিলা আৰু কাপোৰ পিন্ধি বাহিৰলৈ ওলাই গ'লা.………...
ঈশ্বৰ সিঙৰ বৰণ শেঁতা পৰি গ'ল।
কুলৱন্ত কৌৰে তাৰ এই পৰিৱৰ্তনলৈ লক্ষ্য কৰি ক'লে- চোৱা কেনেকৈ
ৰং শেঁতা পৰি গ'ল... ঈশ্বৰ সিংয়া, বাহে গুৰুৰ কচম,
জৰুৰ দালিত কিবা ক’লা আছে?
তোৰ জানৰ কচম, একোৱে নাই।
ঈশ্বৰ সিঙৰ শব্দত প্রাণ নাছিল। ফলত
কুলৱন্ত কৌৰৰ সন্দেহ আৰু অধিক দৃঢ় হৈ গ'ল। ওপৰৰ ওঁঠ কামুৰি ধৰি তাই প্ৰতিটো
শব্দত জোৰ দি
কৈ গ'ল- ঈশ্বৰ সিংয়া, কথা কি? তুমি সি নহয়,
যি আজিৰপৰা আঠদিন আগত আছিলা?
ঈশ্বৰ সিং হঠাৎ তড়িৎ গতিত উঠি বহিল,
যেন কোনোবাই তাৰ ওপৰত আক্ৰমণ কৰিছে। কুলৱন্ত কৌৰক সি নিজৰ হৃষ্ট-পুষ্ট
বাহুৰে সাৱটি ধৰি দেহৰ সমগ্ৰ শক্তি প্রয়োগ কৰি তাইক পেষণ
কৰিবলৈ ধৰিলে- সোণজনী, মই সিজনে হওঁ...
কুলৱন্ত কৌৰে কোনো ধৰণৰ বাধা নিদিলে,
কিন্তু তাই অভিযোগ কৰি থাকিল- তোমাৰ সিদিনা ৰাতি কি হৈছিল?
: ‘বুৰা’ৰ
মাকৰ অধীন হৈ গৈছিলো।
ঃ নোকোৱা নেকি?
: কোনো কথা হ'লেহে ক’ম!
ঃ যদি মিছা কোৱা, মোক
তোমাৰ হাতেৰে জ্বলাবা।
কুলৱন্ত কৌৰৰ ডিঙিত সাৱটি ধৰি ঈশ্বৰ
সিঙে তাৰ ওঁঠ তাইৰ ওঁঠত স্থাপন কৰিলে।
ঈশ্বৰ সিঙৰ গোঁফৰ চুলি কুলৱন্ত কৌৰৰ
নাকত প্ৰৱেশ কৰাত তাইৰ হাঁচি আহি গ'ল— উভয়ে হাঁহিবলৈ
ধৰিলে।
ঈশ্বৰ সিঙে তাৰ সৰু চোলা খুলি পেলালে আৰু
কুলৱন্ত কৌৰৰ ফালে কামাবেগপূৰ্ণ দৃষ্টিৰে চাই ক'লে- আহি যোৱা,
তাচৰ এক বাজি হৈ যাওঁক।
কুলৱন্ত কৌৰৰ ওপৰৰ ওঁঠত বিন্দু বিন্দু
ঘামৰ ৰেখা বিৰিঙি উঠিল। তাই প্ৰেমপূৰ্ণভাবে চকুৰ মণি ঘূৰাই ক'লে-
আহ, ‘দফন’ হৈ যা.....।
ঈশ্বৰ সিঙে তাইৰ মঙহাল নিতম্বত জোৰে
জোৰে চাপৰ মাৰিবলৈ ধৰিলে। কুলৱন্ত কৌৰ হঠাৎ এফালে আঁতৰি গ'ল- এনেকুৱা
নকৰিবি ঈশ্বৰ
সিংয়া, মোৰ বৰ ব্যথা হয়.....।
ঈশ্বৰ সিং আগুৱাই আহি কুলৱন্ত কৌৰৰ
ওপৰৰ ওঁঠ দাঁতৰে কামুৰি ধৰি লাহে লাহে কুট্কুটাবলৈ ধৰিলে। কুলৱন্ত কৌৰ
সম্পূৰ্ণৰূপে গলি গ’ল। ঈশ্বৰ সিঙে কুৰ্তা খুলি দলিয়াই দিলে
আৰু ক’লে- ল’, হৈ যাওঁক তুৰুপৰ চাল.………
কুলৱন্ত কৌৰৰ ওপৰ ওঁঠ কঁপিবলৈ ধৰিলে।
ঈশ্বৰ সিঙে দুহাতেৰে কুলৱন্ত কৌৰৰ কামিজৰ ঘেৰ ধৰিলে আৰু যিদৰে ছাগলীৰ ছাল বখলিয়া
হয়, সেইদৰে কামিজ খুলি একাষৰীয়াকৈ ৰাখি দিলে। তাৰপাছত সি ঘূৰি ঘূৰি তাইৰ
উদং শৰীৰ চকুৰ দৃষ্টিৰে লেহন কৰিবলৈ ধৰিলে আৰু শেষত তাইৰ বাহুত চিকুট মাৰি ক'লে-
কুলৱন্ত, কচম বাহে গুৰুৰ, তই বৰ কামুক তিৰোতা।
কুলৱন্ত কৌৰে নিজৰ বাহুৰ ওপৰত পৰা ৰঙা
দাগলৈ চাই ক’লে- তই বৰ দুষ্ট, ঈশ্বৰ সিংয়া !
ঈশ্বৰ সিঙে নিজৰ ঘন ক’লা
গোঁফত তাও দি হাঁহি মাৰি ক'লে-হ’বলৈ দে আজি
জুলুম। এইদৰে কৈ সি আৰু অধিক জোৰে জোৰে পেষণ কৰিবলৈ আৰম্ভ কৰিলে..…... কুলৱন্ত
কৌৰৰ ওপৰৰ ওঁঠ দাঁতেৰে কামুৰি ধৰিলে, কাণৰ লতিত কামোৰ মাৰিলে, উঠন
বুকু মোহাৰিলে, মঙহাল নিতম্বত শব্দ কৰি চাপৰ মাৰিলে, গাল
মুখত ভৰাই ল'লে, চুহি চুহি তাইৰ সমগ্ৰ বুকু লেলাউটিৰে
থপ্থপীয়া কৰি পেলালে.... ফলত কুলৱন্ত কৌৰ তেজ জ্বাল দিয়া চৌকাৰ হাড়ীৰ দৰে
উতলিবলৈ ধৰিলে, কিন্তু সকলো ধৰণৰ কৌশল প্রয়োগ কৰাৰ পাছতো
ঈশ্বৰ সিঙে নিজৰ দেহত গম উৎপন্ন কৰিব নোৱাৰিলে। যিমান সূত্ৰ আৰু কৌশল
তাৰ জনা আছিল, পিন খোৱা পালোৱানৰ দৰে সকলোবোৰ প্ৰয়োগ কৰিলে,
কিন্তু সকলো ব্যৰ্থ হ’ল। কুলৱন্ত কৌৰ,
যাৰ দেহৰ সমগ্ৰ তাঁৰ টন্টনাই নিজে নিজে বাজি আছিল, অপ্রয়োজনীয়
পেষণত বিৰক্ত হৈ তাই ক'লে- ঈশ্বৰ সিংয়া, বহুত ফেনাই
উঠিছে, এতিয়া পাত পেলা....।
এয়া শুনাৰ পাছত ঈশ্বৰ সিঙৰ হাতৰ পৰা
তাচৰ সমগ্ৰ পাত যেন সুলকি পৰিল। ফোপাই-জোপাই সি কুলৱন্ত সিঙৰ আঁচলত লেউসেউ শুই
পৰিল আৰু তাৰ কপালত চেঁচা ঘামৰ ৰেখা বিৰিঙি উঠিল। কুলৱন্ত কৌৰে তাৰ দেহত গৰম
উৎপন্ন কৰিবলৈ বহু চেষ্টা চলালে, কিন্তু তাই বিফল হ’ল। এতিয়ালৈকে
সকলোবোৰ মৌনভাবে হৈ আছিল, যেতিয়া কুলৱন্ত কৌৰে প্রতীক্ষা কৰি
থকা ঈশ্বৰ সিঙৰ অংগৰ ফালৰপৰা কোনো ধৰণৰ সঁহাৰি দেখা নগ'ল,
তেতিয়া তাই উচাট মাৰি পালেঙৰ পৰা নামি গ’ল। সন্মুখৰ
খুঁটাত চাদৰ ওলোমাই থোৱা আছিল, সেয়া তাই ততাতৈয়াকৈ গাত জাপি ল'লে
আৰু নাক ফুলাই অভিযোগৰ সুৰত ক’লে- ঈশ্বৰ সিংয়া, তাই
কোন হাৰামজাদী, যাৰ ওচৰত তই ইমান দিন থাকি আহিছ, আৰু যিজনীয়ে
তোক খুলিখুলি খাইছে?
পালেঙৰ ওপৰত বহি ঈশ্বৰ সিঙে ঘন ঘনকৈ
উশাহ ল’বলৈ ধৰিলে আৰু সি কোনো ধৰণৰ উত্তৰ নিদিলে।
কুলৱন্ত কৌৰ খঙত উতলিবলৈ ধৰিলে- মই
সুধিছো, কোন সেই বেশ্যা...কোন সেই মৌৰাণী.....কোন সেই চুৰুণী?
ঈশ্বৰ সিঙে দুর্বল কণ্ঠত উত্তৰ দিলে-
কোনো নহয়, কুলৱন্ত, কোনো নহয়..…...
কুলৱন্ত কৌৰে নিজৰ ভৰুণ কৰঙনত হাত
বুলাই দৃঢ় কণ্ঠত ক’লে- ঈশ্বৰ সিংয়া, মই আজি
সঁচা-মিছা জানিহে এৰিম— খা, বাহে গুৰুৰ কচম খা.... কিয়, ইয়াৰ
কাৰণ কোনো তিৰোতা নহয়নে?
ঈশ্বৰ সিঙে কিবা ক’ব
খুজিলে, কিন্তু কুলৱন্ত কৌৰে ক’বলৈ অনুমতি নিদিলে- কচম খোৱাৰ আগতে
ভাবি ল’ যে মই চৰ্দাৰ নিহাল সিঙৰ জীয়াৰী... মঙহ টুকুৰা-টুকুৰ কৰিম...
যদি তই মিছা মাত.....ল’, এতিয়া খা বাহে গুৰুৰ কচম.....ইয়াৰ
কাৰণ সেই মাইকীজনী নহয়নে.....?
ঈশ্বৰ সিঙে বৰ দুখেৰে সৈতে
স্বীকাৰোক্তিত মূৰ জোকাৰিলে। কুলৱন্ত কৌৰ সম্পূৰ্ণৰূপে উন্মাদ হৈ উঠিল। তাই জাঁপ
মাৰি গৈ কোণৰ পৰা কৃপাণ দাঙি ল’লে। কৃপাণৰ খাপ
কলৰ বাকলিৰ দৰে বখলিয়াই এফালে দলিয়াই পেলালে আৰু ঈশ্বৰ সিঙৰ মূৰত কৃপাণেৰে ঘাপ কৰিলে।
মজিয়াত তেজৰ সোঁত ব’বলৈ
ধৰিলে। কুলৱন্ত কৌৰ ইমানতো শান্ত নহ'ল। তাই বনৰীয়া মেকুৰীৰ দৰে ঈশ্বৰ সিঙৰ
চুলি আঁজুৰিবলৈ আৰম্ভ কৰিলে। লগতে তাই নিজৰ অজ্ঞাত সতিনীক মোটা
মোটা গালি পাৰিবলৈ ধৰিলে। খন্তেক পাছত ঈশ্বৰ সিঙে দুৰ্বল কণ্ঠত অনুৰোধ কৰিবলৈ
ধৰিলে- এতিয়া যাবলৈ দে, কুলৱন্ত, যাবলৈ দে....।
তাৰ শব্দত খুবেই বেদনা মিহলি আছিল। ফলত কুলৱন্ত কৌৰ পিছুৱাই গ'ল।
তেজ ঈশ্বৰ সিঙৰ ডিঙিৰপৰা বাগৰি আহি
গোঁফ পাইছিলহি। সি নিজৰ কম্পিত ওঁঠ খুলিলে আৰু কুলৱন্ত কৌৰৰ ফালে কৃতজ্ঞতা আৰু কান্দোন
মিহলি দৃষ্টিৰে চাই ক'লে- মোৰ সোণজনী! তুমি বৰ সোনকাল
কৰিছা....কিন্তু যি কৰিছা, ঠিকেই কৰিছা.....
কুলৱন্ত কৌৰ পুনৰ জঁকি উঠিল- কিন্তু
তাই কোন, তোৰ মা?
তেজ ঈশ্বৰ সিঙৰ জিভা স্পৰ্শ কৰিছিলহি।
সি তেজৰ সোৱাদ পালে তাৰ শৰীৰ সিয়ঁৰি উঠিল- আৰু মই ...আৰু মই..... ছজন
মানুহক হত্যা কৰিছো.....এইখন কৃপাণেৰে....
কুলৱন্ত সিঙৰ ভাৱনাত মাথোন দ্বিতীয়জনী
মাইকী আছিল- মই সুধিছো, কোন সেই হাৰামজাদী?
ঈশ্বৰ সিঙে চকুৰে ধুঁৱলি-কুঁৱলি
দেখিবলৈ ধৰিলে। হঠাৎ তাৰ চকুত এক ধৰণৰ চমক সৃষ্টি হ’ল আৰু সি
কুলৱন্ত কৌৰক ক'লে- গালি নিদিবি সেই ভৈৰৱীক.....
কুলৱন্ত কৌৰে চিঞৰিলে- মই সুধিছো,
তাই কোন?
ঈশ্বৰ সিঙৰ কণ্ঠ অৱদ্ধ হৈ গ'ল–কৈ
আছো ৰ’..... এইদৰে কৈ সি নিজৰ ডিঙিত হাত বুলালে আৰু হাতত
সতেজ তেজ দেখি মিচিকিয়াই হাঁহিলে- মানুহৰ সন্তানো এক আচৰিত
বস্তু....
কুলৱন্ত কৌৰ তাৰ উত্তৰৰ প্ৰতীক্ষাত
আছিল- ঈশ্বৰ সিংয়া, তই আচল কথা ক...…...
ঈশ্বৰ সিঙৰ হাঁহি তাৰ গোঁফত আৰু অধিক
বিয়পি পৰিল।.... আচল কথাকে কৈ আছো। মোৰ ডিঙিত ক্ষত, সোণজনী... সেয়ে
এতিয়া ধীৰে
ধীৰেই সকলো কথা ক’ম.....
যেতিয়া সি কথা ক’বলৈ
আৰম্ভ কৰিলে তেতিয়া তাৰ মূৰত চেঁচা পানীৰ দৰে ঘামৰ সোঁত ব’বলৈ ধৰিলে-
কুলৱন্ত মোৰ সোণজনী! মই তোমাক ক'ব নোৱাৰিম,
মোৰ লগত কি হৈছে...মানুহৰ সন্তানো এক আচৰিত বস্তু.... চহৰত লুট-পাতৰ
তাণ্ডৱ অব্যাহত আছিল, সকলোৰে দৰে ময়ো তাত অংশ গ্ৰহণ
কৰিছিলো.....গহেনাপাতি, টকা-পইচাও বহুত পাইছিলো....সেইবোৰ তোমাক মই দি
দিছো....কিন্তু এষাৰ কথা তোমাক মই কোৱা নাই.....
ঈশ্বৰ সিঙে ক্ষতস্থানত বিষ অনুভৱ
কৰিবলৈ ধৰিলে আৰু সি বিষত কেঁকাবলৈ ধৰিলে। কুলৱন্ত কৌৰে সেইফালে দৃষ্টিপাত নকৰাকৈ নির্মমভাবে
ক’লে- কোন কথা?
ঈশ্বৰ সিঙে গোঁফত জমা হোৱা তেজ ফু মাৰি
উৰুৱাই দি ক'লে- যিখন ঘৰত ...মই লুটপাতৰ তাণ্ড চলাইছিলো...
তাত সাতজন মানুহ আছিল...ছজন মই.…..….হত্যা
কৰিছো...এইখন কৃপাণেৰে....যাদ্বাৰা তই মোক...এৰ, সেইবোৰ
কথা....শুন্.…...এজনী ছোৱালী আছিল খুবেই ধুনীয়া....তাইক উঠাই মই মোৰ লগত লৈ
আহিছিলো...
কুলৱন্ত কৌৰে মৌনভাবে শুনি আছিল। ঈশ্বৰ
সিঙে পুনৰ ফু মাৰি গোঁফৰ পৰা তেজ উৱালে- কুলৱন্ত মোৰ সোণজনী, মই
তোমাক কি ক’ম.….…….কিমান
ধুনীয়া আছিল.... তাইকো মই হত্যা কৰিলোহেঁতেন, কিন্তু মই
ভাবিলো- নাই নাই ঈশ্বৰ সিংয়া, কুলৱন্ত কৌৰৰ মজাতো তই নিতৌ
লোৱা, এই ফলৰ সোৱাদো লৈ ল’....
কুলৱন্ত কৌৰে মাথোন ইয়াকে ক’লে-
হুঁ!...
.....আৰু মই তাইক
কান্ধত লৈ যাত্ৰা আৰম্ভ কৰিলো……….ৰাস্তাত..... কি কৈ আছিলো মই....হয়
ৰাস্তাত..... জুৰিৰ পাৰৰ এজোপা থুহৰ (এবিধ গছ)গছৰ তলত তাইক শুৱাই দিলো... প্রথমে
ভাবিলো আৰম্ভ কৰো, কিন্তু পাছত ভাবিলো, নহয়.....কওঁতে
কওঁতে ঈশ্বৰ সিঙৰ ওঁঠ শুকাই গ'ল।
কুলৱন্ত কৌৰে সেপ গিলি নিজৰ কণ্ঠ
তিঁয়াই সুধিলে- পাছত কি হ’ল?
ঈশ্বৰ সিঙৰ কণ্ঠৰপৰা কোনোমতে বাহিৰ হ’ল-
মই ..….মই...পাত দলিয়ালো ....কিন্তু....কিন্তু....তাৰ মুখেৰে শব্দ বাহিৰ নহ’ল.….……..
কুলৱন্ত কৌৰে পুনৰ সুধিলে- পাছত কি হ’ল?
ঈশ্বৰ সিঙে নিজৰ বন্ধ হ’ব
ধৰা চকু বহলকৈ মেলি ধৰি কুলৱন্ত কৌৰৰ ফালে চালে.…....তাইৰ শৰীৰৰ
মঙহবোৰ থৰথৰকৈ কঁপি আছিল।
সি কোনোমতে ক’লে-.....
তাই মৃতা আছিল...লাচ আছিল....একেবাৰে ঠাণ্ডা মঙহ...সোণজনী মোক তোৰ
হাতখন দে.….....
কুলৱন্ত কৌৰে নিজৰ হাতখন ঈশ্বৰ সিঙৰ
হাতৰ ওপৰত স্থাপন কৰিলে...যিখন হাত বৰফতকৈও অধিক চেঁচা আছিল।
আল্লাহৰ কচম
(মূল-ছাদাত
হাছান মণ্টো)
সিফালৰপৰা মুছলমান আৰু ইফালৰপৰা
হিন্দুৰ আহ-যাহ তেতিয়ালৈকে লাগিয়ে আছিল। সমগ্র কেম্প ভৰ্তি হৈ আছিল, য'ত
তিল ধাৰণৰ
কাৰণেও স্পষ্টতঃ কোনো ঠাই নাছিল। তথাপিও মানুহ পাণ জপাদি জাপি আছিল। পর্যাপ্ত
খাদ্য-বস্তু নাছিল। স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কোনো সুব্যৱস্থ্যা নাছিল। বেমাৰ বিয়পি
আছিল। কিন্তু এই বিষয়ে কাৰো চকু নাছিল। এক ধৰণৰ লৰা-ঢপৰাৰ পৰিৱেশ বিৰাজ কৰি আছিল।
সেয়া আছিল ১৯৪৮ চনৰ আৰম্ভণী। সম্ভৱতঃ
মাৰ্চ মাহ আছিল। ইফালে আৰু সিফালে চৰকাৰী বাহিনীৰ জৰিয়তে অপহৃত মহিলা আৰু ল’ৰা-ছোৱালীক
উদ্ধাৰৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছিল। শ শ পুৰুষ, মহিলা, যুৱক-যুৱতী
এই সৎ কামত নিয়োজিত হৈ আছিল। মই যেতিয়া সিহঁতক কাৰ্যৰত অৱস্থাত
প্রত্যক্ষ কৰিছিলো, তেতিয়া মোৰ খুবেই আনন্দ হৈছিল। স্বয়ং মানুহ,
মানুহৰ দুখ-কষ্ট লাঘৱৰ কাৰণে চেষ্টা কৰি আছে। যিসকলৰ সম হৰণ কৰা হৈছিল,
সিহঁতক আৰু অধিক উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছিল।
কিন্তু কিয়?
এই কাৰণেই নেকি, যে সিহঁতৰ
কাপোৰত যাতে আৰু অধিক দাগ লাগিব নোৱাৰে? এই কাৰণেই নেকি, যে সিহঁতে আঙুলিত
লাগি থকা তেজবোৰ
সোনকালে চুহি খাব পাৰে আৰু পুৰুষৰ লগত একেলগে দস্তৰখানাত বহি ৰুটি খাব পাৰে?
এই কাৰণেই নেকি, যে সিহঁত মানৱতাৰ বেজী-সূতা লৈ দ্বিতীয়টো চকু বন্ধ কৰি
সম্ভ্ৰমৰ ফাট ৰিপু কৰিব পাৰে ?
সেয়া একো বুজিব পৰা নাযায়- কিন্তু
চৰকাৰী বাহিনীৰ মন-মানসিকতা প্রশংসাৰ যোগ্য আছিল।
সিহঁত হেজাৰটা সমস্যাৰ সন্মুখীন হ’ব
লগা হৈছিল। হাজাৰ হাজাৰ্টা সমস্যাৰ লগত মোকাবিলা কৰিব লগা হৈছিল, যিসকলে
মহিলা আৰু
ছোৱালী উঠাব লগা হৈছিল, ফলত সিহঁত অস্থিৰ হৈ উঠিছিল। আজি ইয়াত,
কালি তাত। এতিয়া এইখন চহৰত, এতিয়াই আকৌ আনখন চহৰত। তদুপৰি ওচৰ-পাঁজৰৰ মানুহে সিহঁতক
সহযোগ কৰা নাছিল।
আচৰিত আচৰিত কাহিনী শুনা গৈছিল- এজন
জনসম্পৰ্কীয় বিষয়াই মোক ক'লে যে, চাহানপুৰত থকা
দুজনী ছোৱালী পাকিস্থানত থকা সিহঁতৰ মাক-দেউতাকৰ ওচৰলৈ যাবলৈ
অস্বীকাৰ কৰি আছে। বেলেগ এজনে ক’লে যে, জব্বলপুৰৰ পৰা
এজনী ছোৱালীক বলপূর্বকভাবে তুলি অনাৰ সময়ত, তাই
যিসকলৰ লগত আছিল, সিহঁতে তাইক এনেকৈ বিদায় সম্ভাষণ জনাই আছিল,
যেন সিহঁতে নিজৰ বোৱাৰীকহে কোনোবা দূৰণিবটীয়া ঠাইলৈ ভ্ৰমণ কৰিবলৈ
যোৱাৰ সময়ত বিদায় সম্ভাষণ জনাই আছে। কে’বাজনী ছোৱালী মাক-দেউতাকৰ কাষলৈ যোৱাৰ
ভয়ত বাটতে আত্মহত্যা কৰিছে। কোনো কোনোৱে আকৌ অপ্রত্যাশিত আঘাত সহ্য কৰিব নোৱাৰি
বলিয়া হৈ গৈছে। কিছুমান এনেকুৱাও আছিল যে, সিহঁতৰ মদৰ
অভ্যাস গঢ় লৈ উঠিছিল। পিয়াহ লাগিলে সিহঁতে পানীৰ পৰিৱৰ্তে মদ বিচাৰিছিল আৰু
বেয়া বেয়া গালি দিছিল।
মই সেই উদ্ধাৰকৃত ছোৱালী আৰু মহিলাৰ
বিষয়ে ভাবিলে, মোৰ মানসপটত মাথোন সিহঁতৰ ওলাই থকা পেটৰ ছবি
ভাহি উঠিছিল- এই পেটবোৰৰ এতিয়া কি হ’ব? ইয়াৰ
গৰাকী কোন হ’ব, পাকিস্থান, নে হিন্দুস্থান?
আৰু নমাহ ভাৰ বহনৰ দায়িত্ব- আৰু
সিহঁতৰ প্ৰতিপালনৰ খৰচ কোনো বহন কৰিব পাকিস্থানে, নে হিন্দুস্থানে?
নে সিহঁত অত্যাচাৰীৰ দলভুক্ত অথবা প্ৰকৃতিৰ বহী-খাতাত
অন্তর্ভূক্ত হ’ব? নে ইয়াৰ মাজত কোনোবা পৃষ্ঠা খালী ৰৈ
যাব?
উদ্ধাৰকৃত মহিলা আহি আছিল, উদ্ধাৰকৃত
মহিলা গৈ আছিল।
মই ভাবিছিলো, এওঁলোকক কিয়
পলাউৰী বুলি কোৱা হয়- এওঁলোকক কেতিয়া পলুৱাই নিয়া হৈছিল। পলুৱাই যোৱাতো এক
খুবেই ৰোমাণ্টিক
কাম, য'ত পুৰুষ আৰু মহিলা উভয়ে চামিল হয়। সেয়া এনে
এক গহ্বৰ য'ত জাঁপ মাৰাৰ আগতে উভয়ৰ আত্মাৰ সমগ্ৰ তাঁৰ জুনজুনাই
উঠে। কিন্তু এয়া ধৰণৰ অপহৰণ, য'ত এজনী অৱলাক
ধৰি নি এটি বন্ধ কোঠালিত আৱদ্ধ কৰি ৰখা হয়?
কিন্তু তেতিয়া সময় এনেকুৱা আছিল যে,
যেতিয়া তর্ক-বিতৰ্ক আৰু যুক্তি বৃথা আছিল- তেতিয়া এনেকুৱা সময়
আছিল, যেতিয়া মানুহে অত্যধিক গৰমৰ মাজতো দুৱাৰ খিড়িকী বন্ধ
কৰি শুইছিল। ফলত ময়ো মন-মেজাজৰ সকলো দুৱাৰ খিড়িকী বন্ধ কৰি ৰাখিব লগা হৈছিলো। যদিও
সেয়া মুকলি কৰি ৰখাৰ প্ৰয়োজন তেতিয়া খুবেই বেছি আছিল- কিন্তু মই কি কৰিব পাৰোঁ?
মই একো বুজিবপৰা নাছিলো।
উদ্ধাৰকৃত মহিলা আহি আছিল, উদ্ধাৰকৃত
মহিলা গৈ আছিল।
এইদৰে আহ-যাহ অব্যাহত আছিল- সকলো ধৰণৰ
বিশেষ সতর্কতাৰ মাজত। আৰু পত্ৰকাৰ, কাহিনীকাৰ আৰু কবিসকল কলম হাতত লৈ
চিকাৰৰ সন্ধানত ব্যস্ত আছিল-কাহিনী আৰু কবিতাৰ উপকৰণৰ স্রোত নিজে নিজে বৈ আহি
আছিল। কলমৰ গতি স্তব্ধ হৈ গৈছিল। ইমান উপকৰণ আছিল যে, সকলো বিশৃংখল হৈ
পৰিছিল।
এদিন এজন উদ্ধাৰকাৰী বিষয়াৰ লগত মোৰ
সাক্ষাৎ হ’ল। তেওঁ মোক ক'লে- তুমি কিয় মনে মনে আছা?
মই কোনো উত্তৰ নিদিলো।
তেওঁ মোক এটি কাহিনী শুনালে-
অপহৃতা মহিলাৰ সন্ধানত আমি দিশে দিশে
ঘূৰি ফুৰিছিলো। এখন চহৰৰপৰা আন এখন চহৰলৈ, এখন গাঁৱৰপৰা বেলেগ এখন গাঁৱলৈ, পাছত
তৃতীয়খন, পুনৰ চতুৰ্থখন। অ’লি-গ’লি, বস্তিবস্তি,
চুক-কোণ বিচাৰি চলাথ কৰিছিলো- বৰ মস্কিলেৰে ঈস্পিত মুকুতা হাতলৈ আহি আছিল।
মই আবেগেৰে ক'লো- কেনেকুৱা
মুকুতা....মুকুতা নকল, নে আচল?
তুমি অনুমান কৰিব নোৱাৰিবা, আমি
কিমান অসুবিধাৰ সন্মুখীন হ’ব লগা হওঁ....তথাপিও তোমাক মই এষাৰ কথা
ক’ব খুজিছো... আমি বৰ্ডাৰৰ এই ইপাৰলৈ শ বাৰ গৈছো। আচৰিত
কথা হ’ল, আমি প্রত্যেক বাৰ এজনী বৃদ্ধাক লগ পাইছো ৷
বৃদ্ধা মুছলমান- আধ বয়সীয়া- প্রথমবাৰ তাইক মই জলন্ধৰত লগ পাইছিলো- খুবেই
পৰিশ্ৰান্ত, ভাৱনা শূন্য, উদাস উদাস চকু,
ধূলি-মাকতিৰে ভৰা অবিন্যস্ত জঁট পকোৱা চুলি, ফটা- চিঙা
কাপোৰ। তাইৰ শৰীৰ বা মনৰ কোনো খেয়াল নাছিল, কিন্তু চকুলৈ
চাই এনেকুৱা প্রতীয়মান হৈছিল যে, তাই কাৰোবাক বিচাৰি আছে।
মোক বাইদেৱে ক’লে যে, মহিলাজনী
মানসিক আঘাতৰ ফলত উন্মাদ হৈ গৈছে। তাই পাটিৱালাৰ বাসিন্দা। তাই তাইৰ একমাত্ৰ
ছোৱালীজনীক বিচাৰি
পোৱা নাই। আমি বহু চেষ্টা কৰিছো তাইক বিচাৰিবলৈ, কিন্তু সফল হোৱা
নাই। সম্ভৱতঃ দাঙ্গাত নিহত হৈছে, কিন্তু এই বৃদ্ধাই কথাটো মানিব
খোজা নাই।
দ্বিতীয়বাৰ মই সেইজনী বৃদ্ধাক চাহৰানপুৰৰ
লৰীৰ আড্ডাত লগ পাইছিলো। তাইৰ অৱস্থা প্ৰথমবাৰ দেখাতকৈ অধিক বিধ্বস্ত আৰু দুর্বল আছিল।
তাইৰ ওঁঠত মোটা ধূলিৰ চামনি লাগি আছিল- চুলিবোৰ সাধু-সন্ন্যাসীৰ দৰে আছিল- মই তাইৰ
লগত কথা পাতিলো আৰু তাইক বিচৰাৰ বৃথা চেষ্টা পৰিত্যাগ কৰিবলৈ ক'লো।
মই তাইৰ বেদনাৰ সমভাগী হৈ ক'লো- আই, তোৰ ছোৱালীজনীক
হত্যা কৰা হৈছে।
বৃদ্ধাই মোৰ ফালে চাই ক'লে-
হত্যা! নাই নাই! তাইৰ কণ্ঠস্বৰ দৃঢ় হৈ উঠিল- তাইক কোনেও হত্যা কৰিব
নোৱাৰে.....মোৰ ছোৱালীক কোনেও হত্যা কৰিব নোৱাৰে।
আৰু তাই বিচৰাৰ ব্যৰ্থ চেষ্টা অব্যাহত
ৰখাৰ কাৰণে গুচি গ'ল ৷
মই ভাবিলো, পুনৰ আকৌ বিচৰা-বিচৰি....!
কিন্তু পাগলীৰ কিয় ইমান বিশ্বাস, যে তাইৰ ছোৱালীৰ ওপৰত কোনেও কৃপাণ উঠাব নোৱাৰে
! তাইৰ ফালে নিক্ষেপ কৰা কোনো তেজ ধাৰ কৃপাণ অথবা ছুৰী তাইৰ ফালে আগবাঢ়িব নোৱাৰে-
ছোৱালীজনী অমৰ- নে বৃদ্ধাৰ মমতা অমৰ? মমতা অৱশ্যেই
অমৰ হয়। বৃদ্ধাই বাৰু তাইৰ নিজৰ হেৰুৱা মমতা বিচাৰি আছে নেকি?
তৃতীয়বাৰ তাইক মই পুনৰ দেখা পালো।
তেতিয়া তাই সম্পূৰ্ণৰূপে বলিয়া হৈ গৈছিল। নাঙঠ প্ৰায়৷ মই তাইক কপোৰ দিলো,
কিন্তু তাই গ্রহণ নকৰিলে।
মই তাইক ক’লো- আই, মই
সঁচাকৈয়ে কৈছো, তোৰ ছোৱালীক পাটিয়ালাতে হত্যা কৰা হৈছে।
তাই দৃঢ় কণ্ঠত ক’লে-
তই মিছা কথা কৈ আছ।
তাইক মই মোৰ কথা পতিয়ন নিয়াবলৈ ক'লো-
নহয়, মই সঁচা কথা কৈ আছো। বহুত কন্দা-কটা কৰিছা তুমি- এতিয়া ব’লা
মোৰ লগত। মই
তোমাক পাকিস্থানলৈ লৈ যাম।
তাই মোৰ কথা নুশুনিলে আৰু ভোৰ্ভোৰাবলৈ
ধৰিলে। ভোভোৰাওঁতে ভোৰ্ভোৰাওঁতে তাই হঠাৎ চমকি উঠিল। তাই আৰু অধিক দৃঢ়তা
মিহলি কণ্ঠত ক’লে- নাই নাই, মোৰ ছোৱালীক
কোনেও হত্যা কৰিব নোৱাৰে।
মই ক'লো- কিয় ?
বৃদ্ধাই ভয়-বিহ্বল কণ্ঠত ক'লে-
তাই খুব ধুনীয়া— ইমান ধুনীয়া যে তাইক কোনেও হত্যা কৰিব নোৱাৰে
তাইক থাপৰ পর্যন্ত মাৰিব নোৱাৰে।
মই ভাবিলো, সঁচাকৈয়ে তাই ইমান
ধুনীয়া নেকি? সকলো মাক-বাপেকৰ চকুত নিজৰ সন্তান সূৰ্যৰ পোহৰ,
জোনৰ দীপ্তিৰ দৰে হয়— কিন্তু হ’ব পাৰে এই
ছোৱালীজনী প্ৰকৃততে সঁচাকৈয়ে ধুনীয়া- কিন্তু তাইৰ এনে কি সৌন্দর্য আছে, যিয়ে
তাইক এই ধুমুহাৰ মাজত মানুহৰ হিংস্ৰ হাঁতোৰাৰপৰা বচাব পাৰে! হ’ব
পাৰে, এই ফোঁপোলা খেয়ালে পাগলীক প্ৰতাৰণা কৰি আছে, প্ৰতাৰণাৰ লাখ
লাখ ৰাস্তা- দুখ এনেকুৱা এক বস্তু, যিয়ে নিজৰ
কেউফালে লাখ এনেকি কোটি ৰাস্তাৰ জাল বিস্তাৰ কৰিব পাৰে।
বৰ্ডাৰৰ ইপাৰে কে’বাবাৰো
চক্কৰ কাটিলো। প্রত্যেকবাৰ মই সেই পাগলীজনীক লগ পালো। তাই জঁকাৰ দৰে হৈ পৰিছিল।
চকুৰ দৃষ্টি
হৈ পৰিছিল ৷ খুপি খুপি খোজ কাঢ়িছিল।
কিন্তু তাইৰ অন্বেষণ অব্যাহত আছিল- বৰ সতর্কতাৰে। তাইৰ দৃঢ় বিশ্বাস আছিল যে,
তাইৰ ছোৱালী জীয়াই আছে, আৰু সেয়া এই
কাৰণেই যে তাইক কোনেও হত্যা কৰিব নোৱাৰে।
বাইদেৱে মোক ক'লে- এইজনী
মহিলাক বুজোৱাটো অৰ্থহীন। এওঁৰ স্মৃতিশক্তি লোপ পাইছে। এওঁক তুমি পাকিস্থানলৈ লৈ
যোৱাটোৱে উত্তম
হ’ব। তালৈ লৈ গৈ এওঁক পগলা ফাটেকত ভৰ্তি কৰি দিয়াগৈ।
কথাটো মোৰ পছন্দ নহ'ল।
তাইৰ এই ভ্ৰামক অন্বেষণেতো তাইৰ জীয়াই থকাৰ সম্বল, যাক মই তাইৰপৰা
কাঢ়িব খোজা নাছিলো। তাইক
মই এই আহল-বহল ফাটেকৰ পৰা, য'ত
তাই হাজাৰ মাইল ভ্ৰমণ কৰি নিজৰ ভৰিৰ পিয়াহ মিটাব পাৰে, তাইক উঠাই নি
তাইক মই চাৰিবেৰেৰে
ঘেৰা ফাটেকত ভৰাব খোজা নাছিলো।
শেষৰবাৰ তাইক মই অমৃতচৰত দেখিলো। তাইৰ
অৱস্থা ইমানেই পুতৌজনক হৈ পৰিছিল যে, মোৰ চকুত লোতক আহি গ'ল।
মই সিদ্ধান্ত
ল'লো যে, তাইক মই পাকিস্থানলৈ নি পগলা ফাটেকত ভৰ্তি কৰি
দিম।
তাই ফৰীদ চ’কত থিয় হৈ নিজৰ
অন্ধপ্ৰায় চকুৰে ইফালে -সিফালে চাই আছিল। চ’কত খুবেই আহ-যাহ
অব্যাহত আছিল। মই এখন দোকানত বহি এজনী অপহৃতা ছোৱালীৰ বিষয়ে বাইদেৱৰ
লগত কথা পাতি আছিলো, যাৰ বিষয়ে খবৰ পোৱা গৈছিল যে, তাই
সামুনিয়াঁ বজাৰত
এজন হিন্দু ব্যৱসায়ীৰ ঘৰত আশ্ৰয় লৈ আছে। আলোচনা সমাপ্ত কৰি মই সঁচা-মিছা আশ্বাস
দি পাগলীক পাকিস্থানলৈ লৈ যোৱাৰ কাৰণে সন্মত কৰোৱাবলৈ সিদ্ধান্ত ল’লো,
এনেতে এহাল দম্পতি সিফালপৰা আহিল- মহিলাজনীৰ মূৰত সামান্য ওৰণি টনা
আছিল। তাইৰ লগত
এজন শিখ যুৱক আছিল- বৰ স্বাস্থ্যবান আৰু তেজোদীপ্ত চেহেৰা।
সিহঁত পাগলীৰ কাষেৰে পাৰ হৈ যোৱাৰ
সময়ত যুৱকজন আশ্চর্যচকিত হৈ ৰৈ গ'ল। সি দুখোজ পিছুৱাই আহি মহিলাজনীৰ
হাতত ধৰিলে
। যুৱকজনে হঠাৎ
হাতত ধৰাত মহিলাজনীয়ে ওৰণি দাঙিলে। তাইৰ শৰীৰ বগা চাদৰেৰে আবৃতা। ধুনীয়া এখন মুখ
মোৰ চকুত পৰিল, যিখন মুখৰ সৌন্দৰ্য বৰ্ণনা কৰিবলৈ মই অক্ষম।
মই সিহঁতৰ একেবাৰে কাষতে আছিলো। শিখ
যুৱকজনে পাগলীৰ ফালে আঙুলিয়াই লাহেকৈ ক'লে- তোমাৰ মা।
ছোৱালীজনীয়ে খন্তেকৰ কাৰণে পাগলীজনীৰ
ফালে চালে আৰু ওৰণি টানি শিখ যুৱকৰ বাহুত ধৰি ক'লে- ব’লা
!
আৰু সিহঁত ৰাস্তাৰ সামান্য ইফালে আহি
দ্ৰুত আগলৈ আগুৱাই গ'ল।
পাগলীয়ে চিঞৰিবলৈ ধৰিলে- পলাল-পলাল!
তাই খুবেই বিবুধিত পৰিছিল। মই তাইৰ
কাষলৈ গৈ সুধিলো- কি হ’ল, আই?
তাই কঁপি আছিল- মই তাইক দেখিছো- মই তাই
দেখিছো!
মই সুধিলো- কাক?
তাইৰ মূৰৰ তলৰ দুটা গাঁতত সোমোৱা এযোৰ
জ্যোতিহীন চকুৰে সন্মুখৰ ফালে চাই ক'লে- মোৰ ছোৱালী- পলাওঁতীক।
মই পুনৰ তাইক ক’লো- তাইৰ মৃত্যু
হৈছে, আই!
তাই চিঞৰি ক'লে- তুমি মিছা
কথা কৈছা।
মই এইবাৰ তাইক সম্পূৰ্ণৰূপে বিশ্বাস
জন্মোৱাৰ কাৰণে ক’লো- মই আল্লাহৰ কচম খাই কৈ আছো, তাইৰ
মৃত্যু হৈছে।
মোৰ কথা শুনাৰ পাছত তাই চিঞৰ মাৰি নিথৰ
হৈ গ'ল।
চিকাৰী মহিলা
(মূল-ছাদাত
হাছান মণ্টো)
মই আজি আপোনালোকক কেইজনীমান চিকাৰী
মহিলাৰ কাহিনী শুনাবলৈ গৈ আছো। মোৰ বিশ্বাস আপোনালোকেও কোনো নহয় কোনো
এদিন সিহঁতৰ কৱলত পৰিছে।
মই বোম্বাইত আছিলো। ফিল্মীস্থানৰপৰা
ছবজাত বিজুলি ৰে'লেৰে সাধাৰণতে ঘৰ আহি পাওঁ, কিন্তু
সিদিনা মোৰ পলম হৈ গৈছিল৷ কাৰণ সিদিনা ‘চিকাৰ’ৰ
কাহিনীলৈ যুক্তি-তর্ক হৈছিল।
বোম্বাই চেণ্ট্ৰেল ষ্টেচনত নমাৰ পাছত
মই এজনী ছোৱালী লগ পালো। তাই থার্ড ক্লাছ কম্পার্টমেণ্টত আহিছিল। তাইৰ বৰণ গাঢ়
বগা আছিল।
চকু-নাক যথাযথ আছিল। গাভৰু আছিল। তাইৰ খোজ কঢ়াৰ ধৰণ আকর্ষণীয় আছিল। এনেকুৱা ধাৰণা হৈ আছিল,
যেন ফিল্মৰ দৃশ্যহে উপভোগ কৰি আছো।
মই ষ্টেচনৰপৰা ওলাই ব্ৰীজৰ ওপৰত বাগীৰ
কাৰণে অপেক্ষা কৰিবলৈ ধৰিলো। মই খৰকৈ খোজ কঢ়াত অভ্যস্ত আছিলো। সেয়ে মই বেলেগ
যাত্ৰীতকৈ আগতে ওলাই আহিছিলো।
বাগী আহিল আৰু মই তাত উঠি বহিলো। মই
কোচোৱানক লাহে লাহে বাগী চলাবলৈ ক'লো, কাৰণ
ফিল্মীস্থানত ‘চিকাৰ’ৰ কাহিনী লৈ যুক্তি-তৰ্ক কৰি মই পৰিশ্ৰান্ত হৈ
পৰিছিলো। আবহাৱা মনোৰম আছিল। বাগী ধীৰে ধীৰে ব্ৰীজৰপৰা নামিবলৈ ধৰিলে।
আমি ৰাস্তালৈ অহাৰ পাছত এজন মানুহে
মূৰত মোটা কাপোৰেৰে ঢকা হাড়ীলৈ ‘কুল্ফী কুল্ফী’ বুলি
ৰিঙিয়াই আছিল।
নাজানো কিয়, মই কোচোৱানক
বাগী ৰখাবলৈ ক'লো আৰু সেই কুল্ফীৱালাক কুফী দিবলৈ ক'লো।
মই আচলতে মোৰ মনৰ ক্লান্তি যিকোনো প্ৰকাৰে দূৰ কৰিব খুজিছিলো।
সি মোক মাটিৰ দোনাত কৰি কুফী দিলে। মই
কুফী খাবলৈ যো-জা কৰোঁতেই কোনোবা এজন আমাৰ বাগীৰ ভিতৰত প্ৰৱেশ কৰিলে। খুব
আন্ধাৰ আছিল। আন্ধাৰৰ মাজতে মই সেই গাঢ় বগা বৰণৰ ছোৱালীজনীক মোৰ কাষত বহি থকা
দেখিলো।
মই ভয়-বিহ্বল হৈ উঠিলো- তাই
মিচিকিয়াই হাঁহি আছিল।
দোনাৰ কুল্ফী পমিবিলৈ আৰম্ভ কৰিলে।
তাই কুলফীৱালাক খুব অভদ্রভাবে ক’লে-
মোকো এটা দিয়া।
সি দিলে।
গাঢ় বগা বৰণৰ ছোৱালীজনীয়ে সেয়া এক
মিনিটত শেষ কৰি বাগীৱালাক ক'লে-ব’লা।
মই তাইক সুধিলো- কলৈ?
ঃ তুমি য’লৈ যাব খোজা।
: তেনেহ'লে ঘৰলৈকে ব’লা।
ঃ কোন তুমি? ইমান আপোনভোলা
কিয়?
মই বুজিব পাৰিলোঁ, তাই
কি ধৰণৰ ছোৱালী। মই তাইক ক’লো- ঘৰলৈ যোৱাটো ঠিক নহ’ব—
আৰু এই বাগীৱালাও ঠিক নহয়-- ব’লা টেক্সি
লৈ লওঁ।
তাই মোৰ এই পৰামৰ্শত খুব আনন্দিত হ’ল।
তাইৰ কবলৰপৰা কেনেকৈ মুক্ত হ’ব পাৰো মই স্থিৰ কৰিবপৰা নাছিলো। তাইক
ঠেলা মাৰি বাহিৰলৈ
উলিয়াই দিলে হৈ-চৈ লাগি যাব। মই ভাবিলো, তিৰোতা মানুহ! তাই ইয়াৰ সুযোগ গ্রহণ
কৰি তাইৰ লগত মই অভদ্ৰ আচৰণ কৰা বুলি আহুকাল সৃষ্টি কৰিব পাৰে!
বাগী গৈ থাকিল আৰু মই ভাবিবলৈ ধৰালো,
এই বিপদৰপৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰো! অৱশেষত আমি বেবী হাস্পতালৰ
ওচৰ পালোহি।
তাত টেক্সিৰ আড্ডা। মই বাগীৰ ভাড়া গতাই এখন টেক্সি ল’লো। আমি দুয়ো
তাত উঠি বহিলো।
ড্ৰাইভাৰে সুধিলে- ক’লৈ
যাব, চাহাব?
মই সন্মুখ ফালৰ ছিটত বহিছিলো। খন্তেক
চিন্তা কৰি মই ফুচফুচাই ক'লো- মই ক'লৈকো নাযাও।
লোৱা এই দহ টকা। ছোৱালীজনীক তুমি য’লৈ ইচ্ছা তালৈকে
লৈ যাব পাৰা।
সি খুবেই আনন্দিত হ’ল।
আগৰ কেঁকুৰিত গাড়ী ৰখাই সি মোক ক'লে-
চাহাব, আপুনি চিগাৰেট লোৱাৰ কথা কৈছিল, সৌ ইৰাণী হোটেলত
সস্তাত পাব।
মই টেক্সিৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই
আহিলো। গাঢ় বগা বৰণৰ ছোৱালীজনীয়ে ক'লে- দুপেকেট আনিবা।
ড্রাইভাৰে ইয়াৰ লগত সংযোগ কৰিলে- তিনি
পেকেট লৈ আহিব। এইদৰে কৈ সি টেক্সি ষ্টাৰ্ট কৰিলে।
ঘটনা বোম্বাইৰ। মই নিজৰ ফ্লেটত অকলে
বহি আছিলো। মোৰ পত্নী বজাৰ কৰিবলৈ গৈছিল। এজনী জোঙা নাকৰ মহিলা হঠাৎ পোনেপোনে
মোৰ কোঠালিৰ ভিতৰলৈ সোমাই আহিল। মই ভাবিলো, হয়তো চাকৰিৰ
সন্ধানত আহিছে! কিন্তু তাই আহিয়ে চকীত বহি পৰিল আৰু মোৰ চিগাৰেট কেচৰপৰা চিগাৰেট
উলিয়াই অগ্নি সংযোগ কৰি মিচিকিয়াই হাঁহিবলৈ ধৰিলে।
মই তাইক সুধিলো- কোন তুমি?
ঃ কিয় মোক চিনি পোৱা নাই নেকি?
ঃ মই আজি প্ৰথমবাৰৰ কাৰণে তোমাক দেখি
আছো, চিনিম কেনেকৈ?
: মহাশয়, মিছা নামাতিব,
দুদিনৰপৰা দেখি আছে মোক।
মই বৰ দোধোৰ-মোধোৰত পৰিলো- কিন্তু
খন্তেক পাছতে মোৰ লগুৱা ফজিলুদ্দিন আহিল আৰু সি মহিলাজনীক বলপূর্বক উলিয়াই লৈ গ'ল।
এই ঘটনা লাহোৰৰ।
মই আৰু মোৰ এজন বন্ধু ৰেডিও ষ্টেচনলৈ
গৈ আছিলো। আমাৰ বাগী এছেম্বলি হলৰ কাষ পোৱাৰ পাছত আন এখন বাগী পিছফালৰপৰা আহি
আমাক পিছ পেলাই আগুৱাই গ’ল। তাত বোৰ্খা পৰিহিতা এজনী মহিলা বহি
আছিল আৰু তাইৰ বোৰ্খা আধাখোলা অৱস্থাত আছিল।
মই তাইৰ ফালে চলো। তাইৰ দুচকুত
দুষ্টালিভৰা দৃষ্টি। মই পিছফালৰ ছিটত বহি থকা মোৰ বন্ধুক ক’লো- মহিলাজনীৰ
চৰিত্ৰ ভাল নহয় যেন লাগে।
ঃ তুমি এনেকুৱা সিদ্ধান্ত নল’বা।
ঃ ধন্যবাদ,
জ্বনাব- মই এতিয়াৰপৰা ভাবি-চিন্তি সিদ্ধান্ত ল'ম৷
বোৰ্খা পৰিহিতা মহিলাৰ বাগী আমাৰ বাগীৰ
আগে আগে গৈ আছিল আৰু তাই স্থিৰ দৃষ্টিত আমাৰ ফালে চাই আছিল। মই বৰ নিৰ্বোধ ধৰণৰ
মানুহ, কিন্তু মহিলাজনীৰ আচৰণলৈ লক্ষ্য কৰি মোৰ দুষ্টালি কৰিবলৈ মন গ'ল।
মই হাতৰ ইংগিতেৰে তাইক নমস্কাৰ জনালো।
মহিলাজনীৰ অৰ্দ্ধাবৃত মুখমণ্ডলত কোনো
ধৰণৰ প্ৰতিক্ৰিয়া দেখা নগ'ল। ফলত মই খুবেই বিস্মিত হ'লো।
বন্ধুজনে মোক ঠাট্টা কৰিবলৈ ধৰিলে। মোৰ
ব্যর্থতাত সি খুবেই আনন্দিত হ’ল। আমাৰ বাগী চিমলা পাহাৰৰ কাষ পোৱাৰ
লগে লগে বোৰ্খা
পৰিহিতা মহিলাজনীয়ে নিজৰ বাগী ৰখালে আৰু (মই বেছি বিস্তাৰিতভাবে বর্ণনা কৰিব
বিচৰা নাই।) তাই বোৰ্খাৰ তলত হাঁহিলে। তাই নিজৰ বাগীৰপৰা নামি আমাৰ বাগীলৈ আহি
মোৰ বন্ধুৰ কাষত বহি পৰিল।
মই সিদ্ধান্ত ল’ব নোৱাৰিলো কি
কৰা উচিত হ’ব! মই বোৰ্খা পৰিহিতা মহিলাজনীৰ লগত কোনো ধৰণৰ
বাক্যালাপ নকৰিলো। বাগীৱালাক ৰেডিও ষ্টেচনত বাগী ৰখাবলৈ ক'লো।
মই তাইক ভিতৰলৈ লৈ গ'লো৷
ডাইৰেক্টৰ চাহাবৰ লগত মোৰ বন্ধুত্ব আছিল। মই তেওঁক ক’লো- এই ভদ্র
মহিলাজনীৰ লগত ৰাস্তাত হঠাৎ দেখা হৈ গ'ল। মই এওঁক
আপোনাৰ ওচৰলৈ লৈ আহিছো, এওঁক কিবা এটা কাম দিয়ক।
ডাইৰেক্টৰে তাইৰ কণ্ঠস্বৰ পৰীক্ষা
কৰিলে। কণ্ঠস্বৰ খুবেই সন্তোষজনক আছিল। তাই অ'ডিশ্বন দি আহিল।
তেতিয়া তাই বোৰ্খা সোলোকাই হাতত লৈ আছিল ৷ মই তাইক ভালদৰে লক্ষ্য
কৰিলো। তাইৰ বয়স পঁচিশৰ ওচৰা-উচৰি। গাৰ বাৰণ বগা। বহল চকু। তাইৰ দেহ চাই এনেকুৱা অনুমান
হ’ল, যেন তাইক মিঠা আলুৰ খোলত সমুৱাই বাহিৰলৈ
উলিয়াই অনা হৈছে।
আমি কথা পাতি আছিলো, এনেতে
চাপৰাচী আহিল। সি ক'লে- বাহিৰত এজন বাগীৱালা ৰখি আছে আৰু সি ভাড়া
বিচাৰি আছে। মই ভাবিলো, সম্ভৱতঃ বহু
সময় পাৰ হোৱাৰ কাৰণে আমাৰ বাগীৱালা অধৈৰ্য হৈ উঠিছে। তৎক্ষণাৎ মই বাহিৰলৈ ওলাই
আহিলো। মই বাগীৱালাক সুধিলো- ভাই, কথা কি? আমি
পলাই নাযাও নহয়।
সি খুবেই আচৰিত হ’ল-
কথা কি, হুজুৰ?
তুমি ভাড়া আদায় দিয়াৰ কাৰণে দেখোন
কৈ পঠাইছা !
হুজুৰ, মই কাকো একো
কোৱা নাই।
তাৰ বাগীৰ লগত বেলেগ বাগী থিয় দি
আছিল। তাৰে কোচোৱানে ঘোঁৰাক ঘাঁহ খুৱাই আছিল। সি মোৰ কাষলৈ আহিক’লে-আপোনালোকৰ লগত
অহা মহিলাজনী কলৈ গ'ল?
ভিতৰতে আছে, কিয় সুধিছা?
হুজুৰ, তাই মোৰ দুঘণ্টা
সময় বৰবাদ কৰিছে, কেতিয়াবা ইফালে, কেতিয়াবা আকৌ
সিফালে- মইতো ভাবিছিলো, তাই নিজেই নাজানে, তাই যাব কলৈ !
ঃ এতিয়া তুমি কি বিচাৰিছা?
: হুজুৰ, মই ভাড়া
বিচাৰিছো।
: মই তাইক লৈ আহি আছো।
মই ভিতৰলৈ সোমাই আহিলো। মই বোৰ্খা
পৰিহিতা মহিলাক, যিজনীয়ে তেতিয়া বোর্খা সোলোকাই ৰাখিছিল,
ক’লো- তোমাৰ বাগীৱালাই ভাড়া বিচাৰি আছে।
তাই হাঁহি মাৰি ক'লে-
মই দি দিম।
তাইৰ পাৰ্চ চোফাৰ ওপৰত পৰি আছিল। মই
তাইৰ পাৰ্চ খুলিলো। কিন্তু তাত এপইচাও নাছিল। পাৰ্চত এখন বাছৰ টিকট, দুটা
চুলিত মৰা পিন
আৰু এটি ডাঙৰ আকাৰৰ লিপষ্টিক পৰি আছিল।
মই তাত অৰ্থাৎ ডাইৰেক্টৰৰ চেম্বাৰত
কোনো কথা কোৱাটো উচিত নহ'ব বুলি ভাবিলো। মই বাহিৰলৈ ওলাই আহি
বাগীৱালাক দুঘণ্টাৰ ভাড়া গতালো আৰু মহিলাজনীক মোৰ বন্ধুৰ
উপস্থিতিত ক’লো- তুমি এয়া ধ্যান ৰখা উচিত আছিল যে, তুমি
বাগীত উঠি আহিছা আৰু তোমাৰ ওচৰত এপইচাও নাই।
বৰ সংকুচিত হৈ পৰিছিলো.……….মই....আপুনি
বৰ ভাল মানুহ।
মই খুবেই বেয়া মানুহ...তুমি বৰ ভাল
মহিলা...কাইলৈৰপৰা ৰেডিও ষ্টেচনলৈ আহিবলৈ আৰম্ভ কৰি দিয়া.…... তোমাৰ
আমদানি আৰম্ভ হৈ যাব...তুমি যি ধৰণৰ কাণ্ড-কাৰখানা আৰম্ভ কৰিছা,
সেয়া ত্যাগ কৰা।
মই তাইক মজংগৰ ওচৰত নমাই দিলো। মোৰ
বন্ধু গুচি গ'ল।
সংযোগবশতঃ পাছদিনা মই এঠাইলৈ যাব লগা হ'ল।দেখিলো,
মোৰ বন্ধু আৰু সেই মহিলাজনী একেলগে গৈ আছে।
এয়াও লাহোৰৰ ঘটনা-
কেইদিনমান আগত মই মোৰ বন্ধু এজনক দহ
টকা দিবলৈ বাধ্য কৰাইছিলো। কাৰণ সিদিনা বেংক বন্ধ আছিল।
সি ক্ষমা খুজিলে। কিন্তু মই তাক জোৰকৈ
ধৰিলো- তুমি মোক যেনেকৈয়ে হওঁক দহ টকা দিবই লাগিব। এটি অভ্যাসৰ কাৰণে মোৰ দহ টকা
খুবেই প্রয়োজন, যি অভ্যাসৰ বিষয়ে তুমি ভালদৰে জানা।
সি ক’লে- বাৰু,
মোৰ এজন বন্ধু আছে। সম্ভৱতঃ সি এতিয়া কফি হাউচত আছে। তালৈ ব’লা,
আশা কৰো, কাম হৈ যাব।
আমি দুয়ো বাগীত উঠি কফি হাউচলৈ যাত্ৰা
কৰিলো। মাল ৰোডত ডাঙৰ পোষ্ট অফিচৰ কাষেৰে এখন বাগী আহি আছিল। তাত ক’লা ৰঙৰ
বোৰ্খা পৰিহিতা এজনী মহিলা বহি আছিল। তাইৰ বোৰ্খা সম্পূৰ্ণৰূপে দাঙি থোৱা আছিল।
তাই বাগীৱালাৰ লগত খুবেই অভদ্ৰ আচৰণ
কৰি আছিল। আমি সিহঁতৰ কথা-বতৰা শুনিব নোৱাৰিলো। কিন্তু তাইৰ ওঁঠ সঞ্চালনলৈ চাই মই
বুজিব লগাখিনি বুজি উঠিলো।
আমি কফি হাউচলৈ অহাৰ পাছত মহিলাজনীৰ
বাগীও তাত ৰৈ গ'ল। মোৰ বন্ধুই ভিতৰলৈ গৈ দহ টকা বন্দোৱস্ত কৰি
বাহিৰলৈ ওলাই আহিল। সেই মহিলাজনী নাজোনো কাৰ বাবে অপেক্ষা
কৰি আছিল।
আমি ঘৰলৈ ওভতাৰ বাটত তৰমুজৰ দ’ম
চকুত পৰিল। আমি দুয়ো বাগীৰপৰা নামি তৰমুজ পৰীক্ষা কৰিবলৈ ধৰিলো।
আমি পৰষ্পৰৰ লগত আলোচানা কৰি সিদ্ধান্ত
ল'লো যে, তৰমুজবোৰ ভাল নহব! কিয়নো তৰমুজবোৰ দেখিবলৈ ভাল
নাছিল। আমি বাগীলৈ
আহি বহাৰ পাছত দেখিলো, বাগীত বহিয়ে মহিলাজনীয়ে তৰমূজ পৰীক্ষা কৰি
আছে।
মই বন্ধুজনক ক’লো- তৰমুজ চাই
তৰমুজৰ ৰং অনুমান কৰিব পাৰি, কিন্তু মই এতিয়ালৈকে এই মহিলাজনীৰ ৰং
অনুমান কৰিব নোৱাৰিলো।
বাদ দিয়া এইবোৰ, এইবোৰ
সকলো অর্থহীন।
আমি তাৰপৰা গুচি আহিলো। মোৰ বন্ধুজন
এজন কেমিষ্টৰ ওচৰত যাব লগা আছিল। তাত আমাৰ দহ মিনিট লাগিল। বাহিৰলৈ ওলাই আহি
দেখিলো, বোৰ্খা পৰিহিতা মহিলাজনী আগৰ বাগীখনতে বহি আছে।
মোৰ বন্ধুই আচৰিত হৈ ক’লে-
কি কথা? এইজনী মহিলাজনী কিয় অবাবতে ঘূৰি আছে?
মই ক’লো- কিবা নহয়,
কিবা কথা নিশ্চয় আছে।
আমাৰ বাগী হাঁলৰোডৰ কেঁকুৰি ঘূৰাৰ
সময়ত সেই ক’লা বোৰ্খা পৰিহিতা মহিলাজনী পুনৰ চকুত পৰিল।
মোৰ বন্ধুজন অবিবাহিত হ’লেও সন্ন্যাসীৰ দৰে আছিল। তাৰ কিয়
জানো ধাৰণা হ’ল, যে সেই ক’লা বোৰ্খা
পৰিহিতা মহিলাজনীয়ে গলগলীয়া কণ্ঠত কৈ আছে- আপোনালোক কি অববাবত ঘূৰি আছে? আহক
মোৰ লগত।
তাই বাগীৰ দিশ পৰিৱৰ্তন কৰি আমাৰ বাগীৰ
ফালে ঘূৰালে। মোৰ বন্ধুজন ব্যতিব্যস্ত হৈ উঠিল। ক’লা ৰঙৰ বোৰ্খা
পৰিহিতাই তাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰাত সি ক'লে-
আপুনি বাগীত অবাবত ঘূৰি ফুৰাৰ কি প্রয়োজন। মই আপোনাক বিয়া কৰোৱাৰ কাৰণে
প্ৰস্তুত।
কেইদিনমান পাছত মোৰ বন্ধুই সেই ক’লা
বোৰ্খা পৰিহিতাৰ লগত বিবাহপাশত আৱদ্ধ হ’ল।
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন