ৰামজন্মভূমি-বাবৰি মসিজদ

 


ৰামজন্মভূমি-বাবৰি মসিজদ

     সূচীপত্র

সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি-

বিবাহ আৰু যৌতুক-

শিশুৰ বিৰুদ্ধে যৌন আতিশয্য ৰোধ বিধেয়ক

মানৱ অধিকাৰ- এটি পর্যালোচনা-

প্ৰসংগ ৰামদেৱঃ কিছু অনুভৱ-

জিন্নাহৰ জীৱন আৰু দ্বি-জাতি তত্ত্ব-

বংগীয় মূলৰ মুছলমান-

চিকিৎসা সন্ত্রাস-

বংগীয় মূলৰ মুছলমানৰ শিক্ষা জীৱন-

পেৰা কমাণ্ডোৰ চাৰ্জিকেল ষ্ট্ৰাইক-

ৰাম জন্মভূমি-বাবৰী মছজিদ বিবাদ-

গুণোৎসৱ আৰু প্ৰাথমিক শিক্ষা-

প্রসংগঃ তিনি তালাক-

প্রসংগঃ অসম চুক্তি বাতিল আৰু অসমৰ ভৱিষ্যত-

ভেক্‌চিন আতংক-

ডোনাল্ড ট্রাম্প বিদেশ ভ্রমণ-

পশুধন কিনা-বেচা আইন-

পশুধন কিনা-বেচা আইন সম্পর্কে ন ন বিতর্ক-

হাইস্কুল শিক্ষান্তপৰীক্ষা তেতিয়া আৰু এতিয়া-

মধ্যপ্ৰদেশৰ কৃষক আন্দোলন-

চতুৰ্দ্দশ ৰাষ্ট্ৰপতি নির্বাচন-

প্ৰসংগ ৰাষ্ট্ৰপতি নির্বাচনঃ দলিত বনাম দলিত

ভ্ৰষ্টাচাৰে উন্নয়ন ব্যাহত কৰিছে আমাৰ দেশৰ-

ইছলাম ধৰ্মত মৌলবাদ আৰু নাৰী সমাজ-

       সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি

বিশ্বৰ সকলো মানুহে সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি কামনা কৰে। সিহঁতৰ স্বাধীনতাৰ ওপৰত যাতে কোনেও হস্তক্ষেপ নকৰে আৰু সুখ-সমৃদ্ধিৰে নিৰাপদ জীৱন যাপন কৰিব পাৰে বিশ্বৰ মানৱৰ মনত এই তিনি প্ৰকাৰ ইচ্ছা সদায় ক্রিয়াশীল হৈ থাকে- যাৰ ফলত মানুহে ঈস্পিত ইচ্ছা পূৰণৰ কাৰণে অহৰহ সংঘৰ্ষ কৰি আহিছে।

এই তিনি প্ৰকাৰ ইচ্ছাৰ প্ৰয়োজনো আছে। কাৰণ এই ইচ্ছাৰ ফলতে যুগে যুগে মানুহৰ ব্যক্তিত্বৰ বিকাশ হৈ আছে। সৃষ্টি হৈছে নতুন নতুন সামাজিক, ৰাজনৈতিক বিধি-বিধান। কিন্তু এষাৰ কথা সত্য যে, হাজাৰ হাজাৰ বছৰ সংঘৰ্ষৰ পাছতো মানুহে পূৰ্ণ সুৰক্ষা, পূৰ্ণ স্বতন্ত্ৰতা আৰু পূৰ্ণ সুখ-সমৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হোৱা নাই।

মানুহ যেতিয়া অসভ্য, বৰ্বৰ আছিল আৰু অৰণ্যত বাস কৰিছিল, তেতিয়া মানুহে নিৰন্তৰ দুই প্ৰকাৰ সমস্যাৰ লগত যুঁজিব লগা হৈছিল। বনৰীয়া জীৱ-জন্তুৰপৰা সুৰক্ষা আৰু জীৱন ধাৰণৰ কাৰণে খাদ্যবস্তুৰ সংস্থান কৰাই আছিল তেতিয়া সিহঁতৰ কাৰণে প্ৰধান সমস্যা। তেতিয়া জীৱন ধাৰণ আৰু সুৰক্ষাৰ কাৰণে সিহঁতে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছিল। খাদ্যৰ কাৰণে সিহঁতে গছৰ ফল-মূলৰ সন্ধান আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰিব লগা হৈছিল। কিন্তু জীৱ-জন্তু চিকাৰ কৰাটো প্ৰত্যাহ্বানেৰে ভৰপূৰ আছিল। কাৰণ চিকাৰীয়ে কেতিয়াবা নিজেই চিকাৰ হৈ পৰাৰ ভয় আছিল। ফলত মানুহৰ প্ৰাৰম্ভিক জীৱনৰ আৰম্ভণি খুবেই সংঘৰ্ষপূৰ্ণ আৰু বিপদ সংকুল আছিল। সিহঁতে নিজৰ খাদ্য আৰু সুৰক্ষাৰ কাৰণে সততে অনাই-বনাই ফুৰিব লগা হৈছিল। সদায় সংঘর্ষ আৰু বিপদ সংকুল পৰিস্থিতিৰ মাজত কালাতিপাত কৰিব লগা হোৱাত আদিম মানুহ বৰ্বৰ আৰু হিংস্ৰ আছিল। জীৱন ধাৰণৰ কাৰণে সিহঁত যিকোনো ধৰণৰ কাম কৰিবলৈ প্ৰস্তুত আছিল। সেয়ে আদিম মানৱৰ প্ৰাথমিক প্রয়োজন আছিল সুৰক্ষা আৰু ভোজন। স্বতন্ত্ৰতা আৰু সুখ- সমৃদ্ধিৰ কথা ভবাৰ অৱকাশ পোৱা নাছিল সিহঁতে। যাৰ ফলত আদিম যুগত স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধিৰ কাৰণে কোনো সমাজিক ব্যৱস্থা গঢ় লৈ উঠা নাছিল।

শেষত মানুহে খেতি-বাতি কৰিবলৈ শিকিলে। খেতি-বাতি কৰাৰ ফলত মানুহ আহাৰৰ অনিশ্চয়তাৰ পৰা মুক্ত হল। মানুহৰ হিংস্ৰ স্বভাৱৰো কিছু পৰিৱৰ্তন হল। ফলত মানুহ কিছু পৰিমাণে সভ্যও হল। অৰণ্যত বাস কৰাৰ কাৰণে আদিম মানুহ সংযমৰ সৈতে অধিক সতৰ্ক হৈ চলিব লগা হৈছিল। কোনো খাদ্য-বস্তুৰ সন্ধান পালে বা চিকাৰ দৃষ্টিগোচৰ হলে বেলেগ কাৰোবাৰ চকুত পৰাৰ আগতে নিজৰ আয়ত্বাধীন কৰি লোৱাটো আছিল সিহঁতৰ কাৰণে মংগলজনক। তদুপৰি খেতি-বাতি কৰাৰ কাৰণে সিহঁতে ধৈৰ্যৰ পাঠ শিকিব লগা হৈছিল। মাটি চহ, বীজ ৰোপণ আৰু শস্য চপোৱালৈকে সিহঁতে পৰিশ্ৰমৰ লগতে ধৈৰ্যও ধাৰণ কৰিব লগা হৈছিল।

প্ৰাৰম্ভিক জীৱনতে সিহঁতে পৰস্পৰৰ সহযোগিতাৰ গুৰুত্ব আয়ত্ব কৰিছিল। খেতি-বাতিত অভ্যস্ত হোৱাৰ পাছত সিহঁতে অধিক সহযোগিতাৰ প্রয়োজন উপলব্ধি কৰিবলৈ ধৰিলে। কিয়নো মাটি চহ আৰু জলসিঞ্চন কৰাৰ কাৰণে তেতিয়া পৰস্পৰৰ সহযোগিতাৰ প্ৰয়োজন হৈছিল। তদুপৰি শস্য ৰক্ষণাবেক্ষণ আৰু খেতি-পথাৰ ওচৰা-উচৰি হোৱাৰ ফলত ইজনে সিজনৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰিও চলিব লগা হৈছিল। শস্য চপোৱৰ সময়তো পৰস্পৰৰ সহযোগিতাৰ প্ৰয়োজন হৈছিল। এই পৰস্পৰ সহযোগিতাৰ প্ৰয়োজনতে সিহঁতে একগোট হৈ স্থায়ী ৰূপত বসবাস কৰিবলৈ ললে। যিবোৰ পাছত গাঁও ৰূপে জনাজাত হৈ পৰিল।

গাঁৱৰ পৰাই আদিম মানুহৰ সামাজিক ব্যৱস্থাৰ সূত্ৰপাত হল। এই সামাজিক বিকাশ দুটা কথাৰ ওপৰত নিৰ্ভৰশীল আছিল। সহনশীলতা আৰু সহযোগিতা। এই দুই মনোভাৱৰ পৰাই মানুহে মানুহৰ মূল ভাৱনাক সন্মান আৰু ইজনে সিজনৰ সৰু-সুৰা ভুল উপেক্ষা কৰিবলৈ শিকিলে। ফলত মানুহৰ হৃদয়ত ক্ষমাৰ ভাৱনাই বিকাশ লাভ কৰিলে। সহযোগিতা আৰু ক্ষমাৰ মনোভাবে সামাজিক সংগঠন অধিক কট্‌কটীয়া কৰি তুলিলে। সাম্প্রতিক সময়তো আমাৰ গাঁৱলীয়া সমাজ ব্যৱস্থা নগৰীয়া সমাজ ব্যৱস্থাতকৈ অধিক উন্নত। নগৰৰ দৰে হৃদয়হীন নহয় গাঁৱলীয়া সমাজ ব্যৱস্থা। ইয়াৰ কাৰণ গাঁৱলীয়া সমাজত সহযোগিতা আৰু ক্ষমাৰ মনোভাব এতিয়াও কম-বেছি পৰিমাণে ক্রিয়াশীল।

আদিম যুগত গাঁৱত মাথোন কৃষকেই বসবাস কৰা নাছিল। বেলেগ বেলেগ বৃত্তিৰ মানুহ বাস কৰিছিল গাওঁসমূহত। প্ৰাৰম্ভিক গাঁৱলীয়া জীৱনত জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় সকলোবিধ আহিলা গাঁৱৰ ভিতৰতে পূৰ্ণ কৰা হৈছিল। কোনোবাই শস্য উৎপাদন কৰিছিল আৰু কোনোবাই আকৌ শস্য উৎপাদনৰ কাৰণে প্ৰয়োজনীয় আহিলা প্ৰস্তুত কৰিছিল। কোনোবাই জোতা প্রস্তুত তথা চিলাই কৰিছিল, কোনোবাই আকৌ কাপোৰ প্ৰস্তুত কৰিছিল। এইদৰে গাঁৱৰ প্ৰয়োজন গাঁৱৰ ভিতৰতে সমাধা কৰা হৈছিল। ফলত চুবুৰীয়া গাঁৱৰ লগত বিশেষ সম্বন্ধ ৰখাৰ প্ৰয়োজন নহৈছিল। প্ৰাৰম্ভিক যুগতো কাজিয়া-পেচাল হৈছিল, কিন্তু সেইবোৰ মীমাংসাৰ কাৰণে কোর্ট-কাছাৰীৰ প্ৰয়োজন নহৈছিল। বাদী-বিবাদীৰপৰা ঘটনাৰ বিৱৰণ শুনি সেইবোৰ গাঁৱৰ ভিতৰতে সমাধান কৰা হৈছিল। তাত সৰু-বৰ, উচ্চ-নীচৰ কোনো প্রভেদ নকৰিছিল। এইদৰেই সিহঁতে সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ- সমৃদ্ধি ভোগ কৰিছিল।

কিন্তু এই সুখ-সমৃদ্ধি বেছিদিন স্থায়ী নহল। কাৰণ প্ৰতিখন গাঁৱতে কিছুসংখ্যক অধিক প্ৰভাৱশালী ব্যক্তিৰ আভিৰ্ভাৱ হল। শক্তি প্রদর্শন অথবা ছলে-বলে কৌশলে এটা সময়ত সিহঁত গাঁৱৰ মুখিয়াল হৈ পৰিল। দুৰ্বল গাঁৱলীয়া মানুহক আর্থিকভাবে শোষণ কৰিবলৈ ধৰিলে সেই তথাকথিত মুখিয়ালসকলে। শোষণৰ কাৰণে ছলনা আৰু চাতুৰ্যৰ আশ্ৰয় লবলৈও সিহঁত পশ্চাদপদ হোৱা নাছিল। যাৰ ফলত সিহঁত অধিক সম্পদশালী হৈ উঠিল। এটা সময়ত সিহঁতে নিজৰ চুবুৰীয়া গাঁওসমূহলৈও হাঁতোৰা মেলিলে। এই উচ্চাকাংক্ষা আৰু ক্ষমতা দখলৰ প্ৰতিযোগিতাৰ ফলত গাঁৱৰ লগত গাঁৱৰ সংঘৰ্ষৰ সূত্ৰপাত হল। যাৰ ফলত সামন্ত প্রথা গা কৰি উঠিল আৰু শাসক শ্ৰেণীৰ সৃষ্টি হ'ল।

প্ৰথমতে এজন শাসকৰ অধীনত থকা গাঁৱসমূহৰ মাজত বেহা-বেপাৰ আৰম্ভ হ'ল। ইয়াৰ পৰিণাম স্বৰূপে গাঁওসমূহে প্ৰতিটো প্ৰয়োজন পূৰণৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন নোহোৱা হল। ফলত ইয়াৰ এক দুখজনক পৰিণাম ভূগিব লগা হল দুর্বল মানুহবোৰে। সিহঁতৰ স্বতন্ত্ৰতা আৰু সুখ- সমৃদ্ধি শাসক আৰু অৰ্থব্যৱস্থা নিয়ন্ত্ৰণ কৰা ক্ষমতাশালী মানুহৰ হাতৰ মুঠিলৈ গ'ল। শাসক আৰু অৰ্থব্যৱস্থা নিয়ন্ত্ৰণ কৰা ব্যৱসায়ীসকলে পর্যাপ্ত স্বতন্ত্রতা আৰু সুখ ভোগ কৰিবলৈ ধৰিলে আৰু দুৰ্বলবোৰৰ পৰা এই তিনিবিধ বস্তু লাহে লাহে সুদূৰপৰাহত হবলৈ ধৰিলে। ৰাজশক্তি আৰু অৰ্থব্যৱস্থা যিমানে কিছুসংখ্যক মানুহৰ হাতত কেন্দ্ৰীভূত হবলৈ ধৰিলে, সিমানে দুৰ্বল শ্ৰেণীটো পৰাধীন আৰু পংগু হৈ যাবলৈ ধৰিলে। ফলত সিহঁত ক্ষমতাশালী শ্ৰেণীৰ আৱশ্যক পূৰণৰ হাথিয়াৰ হিচাপে ব্যবহৃত হবলৈ ধৰিলে। এই ব্যৱস্থাৰ ফলত দাসপ্রথা, শূদ্ৰ আৰু ভূমিহীন কৃষকৰ সৃষ্টি হল। সমাজৰ কাৰণে প্রয়োজনীয় কিছুমান কামক হীন কাম বুলি গণ্য কৰা হ'ল। ফলত সমাজত বিভিন্ন বৰ্গৰ সৃষ্টি হল। জাত-পাতৰ নাগপাশত বন্দী হৈ পৰিল সামাজিক জীৱন। দুর্বল শ্রেণী দুর্বল আৰু সবল শ্রেণী ক্রমান্বয়ে সবল হৈ উঠিবলৈ ধৰিলে।

এনেকুৱা সমাজ ব্যৱস্থাই সময়ে সময়ে কিছুসংখ্যক চিন্তাবিদক ব্যথিত কৰি তুলিছিল। সেয়ে তেওঁলোকে এই দুর্বল শ্ৰেণীটোক ন্যায় প্ৰদানৰ কাৰণে কিছুমান উপায় উদ্ভাৱনৰ চেষ্টা চলালে। সেই উপায়সমূহৰ ভিতৰত আটাইতকৈ উত্তম উপায় হিচাপে বিবেচিত হল গণতান্ত্রিক ব্যৱস্থা। একেদিনাই শোষণ-শাসন দলিয়াই পেলাব নোৱাৰিলেও গণতান্ত্ৰিক ব্যৱস্থাৰ সঠিক প্রয়োগৰ জৰিয়তে দুৰ্নীতি ভ্ৰষ্টাচাৰ কিছু পৰিমাণে আঁতৰ কৰি নতুন সমাজ গঠন কৰিব পৰা যাব বুলি ভাবিলে চিন্তাবিদসকলে। এই চিন্তাৰ আঁত ধৰিয়ে বিশ্বৰ বিভিন্ন দেশত ৰাজতন্ত্ৰক দলিয়াই পেলালে। চালু হল গণতান্ত্রিক ব্যৱস্থা।

কিন্তু সম্প্রতি প্রচলিত গণতান্ত্রিক ব্যৱস্থাক ভাষা, ধৰ্ম আৰু আঞ্চলিকতাবাদৰ গইনা পিন্ধাই এচাম ক্ষমতালোভী সুবিধাবাদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। যাৰ ফলত সম্প্রতি প্ৰতাৰণা, ছলনা আৰু শক্তি প্ৰদৰ্শনৰ আখড়াস্থলীত পৰিণত হৈছে গণতান্ত্ৰিক ব্যৱস্থা। সম্প্রতি গণতন্ত্ৰৰ নামত দলীয় টিকেট কিনাৰ যি প্ৰৱণতা আৰম্ভ হৈছে এয়া গণতন্ত্ৰৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। সেয়ে মানুহৰ আকাংক্ষিত সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি প্ৰদানত ব্যৰ্থ হৈছে গণতান্ত্রিক ব্যৱস্থা। মানুহৰ মাজত নৈতিকতা, সহনশীলতাৰ মনোভাব জগাই তুলি শান্তিপূর্ণভাবে সহাৱস্থান কৰাৰ কাৰণে যি ধৰ্মৰ উত্থান হৈছিল, সেই ধৰ্মক হাথিয়াৰ হিচাপে লৈও ৰাজনীতি কৰি আছে এচাম মানুহে। ফলত মানুহৰ মাজত অনিশ্চয়তা, অবিশ্বাসৰ মনোভাব গা কৰি উঠিছে সর্বত্র। মানুহে পাহৰি গৈছে মানৱতা আৰু ভ্ৰাতৃত্ববোধ। মানুহৰ সমাজত বাস কৰিও মানুহে এই একৈছ শতিকাতো আদিম বৰ্বৰ যুগৰ অৰণ্যত বাস কৰা মানুহৰ দৰে সদায় ভয়-শংকা- আতংকৰ মাজত কালাতিপাত কৰিব লগা হৈছে।

জাতিৰ পিতা মহাত্মা গান্ধীয়েও জনগণৰ সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধিৰ কাৰণে চিন্তা-চৰ্চা কৰি গৈছে। তেওঁৰ ৰামৰাজ্যৰ অৱধাৰণা এই ক্ষেত্ৰত অন্যতম। অৱশ্যে প্রচলিত গণতান্ত্রিক ব্যৱস্থাৰ ওপৰত গান্ধীজীৰ সম্পূৰ্ণ আস্থা নাছিল৷ তথাপি তেওঁ গণতন্ত্ৰৰ জৰিয়তেই নিজৰ কল্পনা বাস্তৱত ৰূপায়ন কৰাৰ পক্ষপাতী আছিল। গান্ধীজীয়ে ৰাজ্যস্তৰত কোনো ধৰণৰ সুসংগঠিত ব্যৱস্থা অৰ্থাৎ চৰকাৰ গঠনৰ পক্ষপাতী নাছিল। তেওঁ যি ধৰণৰ সমাজ ব্যৱস্থাৰ কথা চিন্তা কৰিছিল তাক হিংসা বৰ্জিত অহিংস সমাজ ব্যৱস্থা বুলি আখ্যা দিব পৰা যায়।

এই হিংসা বর্জিত সমাজ ব্যৱস্থাৰ প্ৰথম চৰ্ত হ, সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে সকলো ক্ষেত্ৰতে ন্যায় পাব লাগিব। স্পষ্টতঃ এনেকুৱা সামাজিক কাঠামোত কোনো ধৰণৰ চৰকাৰৰ আৱশ্যকতা নোহোৱা হ'ব। যি সমাজ ব্যৱস্থাত পৰস্পৰৰ মাজত সংঘৰ্ষ নাথাকিব, পৰস্পৰৰ হিতৰ কাৰণে সংঘৰ্ষ নহ'ব- য'ত স্বয়ংক্রিয়ভাবে সকলোৱে ন্যায় পাব, ফলত তাত সমাজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰাসংগিকতা নাথাকিব। কিন্তু মহাত্মা গান্ধীৰ এই কল্পনাৰ অৰাজকতা এতিয়ালৈকে আমাৰ পৰা বহু যোজন দূৰত অৱস্থান কৰিছে। তথাপি মহাত্মা গান্ধীৰ উক্ত কল্পনা আমাৰ লক্ষ্য হোৱাত নিশ্চয় কোনো ধৰণৰ বাধা থকাৰ কথা নহয়।

গান্ধীজীৰ দৰ্শন প্ৰকৃতাৰ্থত সকলোৰে বাবে সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধিৰ দিক নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। সকলোৰে বাবে সৰ্বতোমুখী ন্যায় উপলব্ধই হল মহাত্মাগান্ধীৰ অহিংসাৰ পূৰ্বচত। ব্যক্তিগত সম্পত্তি অৰ্জনৰ প্ৰৱণতাই মূলতঃ সমাজত অন্যায়, উচ্চ-নীচ ভেদাভেদ আৰু সংঘৰ্ষৰ জন্ম দিয়ে। এই মূল ব্যাধিৰ প্ৰতিকাৰৰ কাৰণে সম্পত্তিশালীসকলে যদি নিজৰ সম্পত্তি সমাজৰ সম্পত্তি বুলি বিবেচনা কৰে, তেনেহ'লে সম্পত্তি আহৰণৰ প্ৰৱণতা বহু পৰিমাণে হ্রাস পাব বুলি আশা কৰিব পাৰি। মই বিশেষাধিকাৰ আৰু ব্যক্তিগত অধিকাৰক ঘৃণা কৰোঁ। যি বস্তু সাধাৰণ জনতাৰ লগত ভগাব পৰা নাযায়, সেইবোৰ বস্তু মোৰ কাৰণে বৰ্জনীয়’- গান্ধীজীৰ এই উক্তিক যদি সকলোৱে সন্মান প্ৰদৰ্শন কৰে, তেনেহ'লে ক্ষমতা দখল তথা ধন আহৰণৰ কাৰণে ছলনা-প্ৰতাৰণা, বাহুবল, ধনবল প্ৰদৰ্শনৰ প্ৰৱণতা নোহোৱা হ'ব আৰু সমাজত সুৰক্ষা, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি নিশ্চিতভাবে সুনিশ্চিত 'ব।

(এদিনৰ সংবাদ-২৬ জানুৱাৰী-২০১১)

 

             বিবাহ আৰু যৌতুক

উড়িষ্যাৰ প্ৰাক্তন আইনমন্ত্ৰী ৰঘূনাথ মহান্তিৰ পুত্ৰ ৰাজা মহান্তিয়ে পত্নী বৰ্ষা ছনী চৌধুৰীৰ পৰা ২৫ লাখ টকা যৌতুক দাবী কৰি গ্ৰেপ্তাৰ হোৱা ঘটনাই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমাৰ দেশৰ সমাজ জীৱনত সম্প্রতি যৌতুকৰ বিষবাষ্পই কিদৰে ধুমুহাৰ সৃষ্টি কৰিছে এই ঘটনাৰপৰা সেই কথা অনুমান কৰিব পাৰি। সম্প্ৰতি আমাৰ সমাজত যৌতুকৰ পয়োভৰ ইমানেই বৃদ্ধি পাইছে, যে ছোৱালী জন্ম হলে পিতৃ-মাতৃৰ মনত নিৰাশা,হীনমন্যতা আৰু ত্ৰাসৰ ভাব জাগ্ৰত হৈ উঠে। ছোৱালীৰ বয়স বঢ়াৰ লগে লগে পিতৃ-মাতৃৰ চকুৰ টোপনি নোহোৱা হয় আৰু দিনে-নিশা পৰিশ্ৰম কৰি নাখাই নবৈ যৌতুকৰ ধন গোটাবৰ বাবে ব্যস্ত হব লগা হয়। যৌতুকৰ ধন গোটাব নোৱাৰিলে বহুতে ভেটি-মাটিও বন্ধকত থব লগা হয়। বহু সময়ত আকৌ ভেটি-মাটি বিক্রী কৰিও সর্বস্বান্ত হব লগা হয়। যৌতুকৰ ধন গোটাব নোৱাৰি কিছুসংখ্যক পিতৃ-মাতৃয়ে কেতিয়াবা আত্মহত্যাৰ দৰে মৰ্মান্তিক ঘটনাও সংঘটিত কৰা দেখা যায়। বহু ক্ষেত্ৰত পিতৃ-মাতৃক যৌতুক নামৰ দানৱৰপৰা সকাহ দিয়াৰ কাৰণে ছোৱালীয়ে আত্মহত্যাও কৰা দেখা যায়। যৌতুকৰ অভাৱত বিয়া দিব নোৱাৰা বহু ছোৱালীয়ে চিৰকুমাৰী হৈ কালাতিপাত কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত অনৈতিক যৌনাচাৰৰ প্ৰকোপ বৃদ্ধি "পোৱাৰ লগতে বিয়া অথবা চাকৰিৰ প্ৰলোভনেৰে ছোৱালী অপহৰণ কৰি নি অনৈতিক কার্যত নিয়োজিত কৰাৰ দৰে ঘটনা দিনে দিনে বৃদ্ধি পাই আছে বুলি ভবাৰ থল আছে।

বিবাহ হল বিশ্বাস আৰু প্ৰেমৰ ভেটিত গঢ় লৈ উঠা এক পবিত্র বন্ধন। কিন্তু যৌতুক নামৰ দানৱৰ স্পৰ্শত এই পবিত্ৰ বন্ধনত বিশ্বাসৰ ঠাইত গা কৰি উঠে অবিশ্বাস, প্ৰেমৰ ঠাইত অংকুৰিত হয় হিংসা-বিদ্বেষৰ বীজ। ফলত বিশ্বাস আৰু প্ৰেমৰ ভেটিত গঢ় লৈ উঠা দাম্পত্য জীৱন বিশৃংখল হৈ পৰে। সম্প্ৰতি দৰাই নিজৰ জীৱন সংগিনী মানৱতাৰ দৃষ্টি ভংগীৰে চয়ন নকৰে, ধনৰ বিনিময়তহে চয়ন কৰে। দৰাই নিলর্জতাপূর্বক যৌতুকৰ বজাৰত নিজকে বিক্ৰী কৰে আৰু পিতৃ-মাতৃয়ে এই বেচা-কিনাৰ দৰ-দামত আগভাগ লয়। অশিক্ষিত সমাজতকৈ শিক্ষিত সমাজত যেন যৌতুকৰ প্ৰৱণতা অধিক বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ ৯০ শতাংশ অবিবাহিত চাকৰিয়ালে বিবাহৰ সময়ত যৌতুক লয় বুলি ইণ্ডিয়া টু ডেনামৰ পত্ৰিকাৰ সমীক্ষাত প্ৰকাশ পাইছিল।

সাধাৰণতে দৰাৰ সামাজিক আৰু আৰ্থিক স্থিতি অনুসৰি বৈদ্যুতিন সামগ্ৰী, গাড়ী, বাইক, গহনা-গাঁঠৰি, বিছনা-পত্ৰ, ঘৰুৱা আচবাব তথা সামর্থ অনুসৰি নগদ ধন যৌতুক হিচাপে লোৱা দেখা যায়। কিছুমান ক্ষেত্ৰত যৌতুকৰ ধনৰ পৰিমাণৰ কথা শুনিলে চকু কপালত উঠে। অবিশ্বাস্য যেন লাগিলেও আমাৰ দেশৰ কোনো কোনো অবিবাহিত আই এ এছ বিষয়াই বিবাহৰ সময়ত ৫০ লাখৰপৰা ৫ কোটিলৈ যৌতুক লয় বুলি এক সমীক্ষাত প্রকাশ পাইছিল। অনায়াসলভ্য ধনৰ লালসা আৰু বিলাসী জীৱন যাপনৰ মানসিকতাই চাকৰিয়াল শ্ৰেণীটোক যৌতুকৰ বাবে উৎসাহিত কৰে বুলি ভবাৰ থল আছে।

আমাৰ দেশত অতীজত যৌতুক প্রথা প্রচলিত আছিল যদিও সেয়া ৰজা-মহাৰজা, ধনী ব্যৱসায়ী তথা সমাজৰ সভ্ৰান্ত শ্ৰেণীৰ মাজত সীমিত আছিল। এইবোৰ ক্ষেত্ৰত দৰাৰ পিতৃ-মাতৃয়ে কোনো ধৰণৰ ধন দাবী নকৰিছিল। কইনাৰ পিতৃ-মাতৃয়ে ইচ্ছাকৃতভাবে নতুন সংসাৰ পতাৰ কাৰণে জীয়েকক সহায়হে কৰিছিল মাথোন।

কিন্তু সম্প্ৰতি আমাৰ সমাজত যৌতুক পৰম্পৰাৰ দৰে হৈ পৰিছে আৰু ধনী-দুখীয়া আটায়ে নিজৰ সন্তানৰ বাবে যৌতুক দাবী কৰিবলৈ লৈছে। ফলত যৌতুকৰ বাবে নাৰী নিৰ্যাতনৰ ঘটনা সম্প্রতি প্রায় প্রতিদিনেই বাতৰি কাকত, বৈদ্যুতিন মাধ্যমযোগে পোহৰলৈ অহা দেখা যায়। মহিলাৰ বিৰুদ্ধে সংঘটিত নিৰ্যাতনৰ ভিতৰত দুই তৃতীয়াংশ নির্যাতনেই ঘৰুৱা হিংসাৰ ফলত সংঘটিত হয়। ইয়াৰে ৫৩ শতাংশ নির্যাতন সংঘটিত হয় যৌতুকৰ দাবীত। ভাৰতবৰ্ষত প্ৰতি বছৰ ২৫০০ টা যৌতুকজনিত গোচৰ পঞ্জীয়ন কৰা হয় আৰু এই গোচৰৰ পৰিমাণ প্রতি বছৰ ১-২ শতাংশকৈ বৃদ্ধি পাই আছে বুলি জানিব পৰা যায়।

যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতন, নির্যাতনত অতিষ্ঠ হৈ বোৱাৰীৰ আত্মহত্যা, অত্যাচাৰৰ পাছতো যৌতুক নাপাই জীয়াই জীয়াই পুৰি মৰা আদি ঘটনা যেন সম্প্ৰতি ভাতৰ লগত পানী খোৱাৰ লেখীয়া ঘটনাত পৰিণত হৈছে। কেতিয়াবা আকৌ যৌতুকৰ সম্পূৰ্ণ ধন আদায় নোপোৱাৰ কাৰণে দৰাঘৰে বিয়া ভাঙি দৰালৈ উভতি যোৱাৰ দৰে ঘটনাও পোহৰলৈ অহা দেখা যায়।

পিতৃপ্রধান সমাজ ব্যৱস্থাত ছোৱালীতকৈ লৰাক উত্তম বুলি বিবেচনা কৰা হয়। সেয়ে যৌতুকৰ ধনৰ সম্পূৰ্ণ বোজা ছোৱালীৰ পিতৃ-মাতৃয়ে বহন কৰিব লগা হয়। যৌতুক এনেকুৱা এক দুমুখীয়া প্রথা যে, যি মাক-বাপেকে ছোৱালী জন্ম হলে যৌতুক প্ৰদানৰ ভয়ত অস্থিৰ হৈ উঠে, সেই মাক- বাপেকেই আকৌ লৰাৰ বাবে যৌতুক দাবী কৰিবলৈ কুণ্ঠাবোধ নকৰে। কন্যাসন্তান জন্ম হলৈ মাক-বাপেকৰ মৰ্যদা হ্ৰাস আৰু লৰাসন্তান জন্ম হলে মৰ্যদা বৃদ্ধি পায় বুলি আমাৰ সমাজত এক ধৰণৰ নিকৃষ্ট মানসিকতা সৃষ্টি হৈছে। এই মানসিকতাৰ ফলতে প্ৰতি বছৰে এক নিযুত কন্যাভ্রূণ হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ আছে। যাৰ ফলত নাৰী-পুৰুষৰ সংখ্যানুপাত ক্রমান্বয়ে হ্রাস পাই আছে। বিগত লোকপিয়লসমূহৰ তথ্যলৈ দৃষ্টিপাত কৰিলে এই কথা জলজল পটপটকৈ ওলাই পৰে। কিন্তু নাৰীবিহীন সমাজ জানো সম্ভৱ ? নাৰীৰ সংখ্যা হ্রাস পোৱাৰ কাৰণে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে বুলি ভবাৰ থল আছে।

বিবাহ এক পবিত্র অনুষ্ঠান। নাৰী-পুৰুষ উভয়ৰ প্ৰয়োজনত বিবাহ কাৰ্য অনুষ্ঠিত হয়। কিন্তু এই ক্ষেত্ৰতো পক্ষপাতদুষ্ট শব্দ ব্যৱহাৰ কৰা হয়। আমাৰ সমাজত বিবাহ কার্যক কন্যাদান কৰা বুলি কোৱা হয় আৰু কন্যাদানক পূণ্যৰ কাম বুলি ভবা হয়। কন্যাদান শব্দটোৰ পৰা এইটো ধাৰণা হয় যে, যেন ছোৱালী সোণ-ৰূপৰ বা টকা-পইচাৰ দৰে কোনো চেতনাহীন জড়পদার্থহে। কথাটো শুনিবলৈ অলপ অপ্রিয় যেন লাগিলেও কন্যাদান শব্দৰ আঁৰত এনেকুৱা অৱধাৰণা প্রচ্ছন্ন হৈ থকা নাইনে বাৰু? যিহেতু নাৰী আৰু পুৰষৰ প্ৰয়োজনত বিবাহ কাৰ্য অনুষ্ঠিত হয়, গতিকে ইয়াত দান শব্দটো কিমান যুক্তিসংগত এবাৰৰ কাৰণে হ'লেও ভাবি চোৱা প্ৰয়োজন। এই দানৰ দৰে মানসিকতাই লিংগবৈষম্যক উদগনি দিয়াৰ লগতে যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতনৰ ঘটনা দিনে দিনে বৃদ্ধি পাই আছে বুলি ভবাৰ থল আছে।

মহিলাক সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সুৰক্ষা প্ৰদানৰ বাবে আমাৰ দেশত বহুতো আইন প্রণয়ন কৰা হৈছে। এই আইনবোৰৰ ভিতৰত যৌতুক নিবাৰণী আইনৰ গুৰুত্ব অপৰিসীম। কাৰণ যৌতুকে দাম্পত্য জীৱনত অশান্তি সৃষ্টি কৰাৰ লগতে স্বামী-স্ত্রী উভয় পৰিয়ালৰ বাবেও অশান্তিৰ কাৰণ হৈ পৰে। তদুপৰি পৰিয়ালৰ ল'ৰা-ছোৱালীৰ লগতে সমাজৰ ওপৰতো ইয়াৰ কু-প্ৰভাৱ পৰে। সেয়ে যৌতুকৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি আমাৰ দেশত প্ৰথমে ১৯৬১ চনত যৌতুক নিবাৰণী আইন ধাৰা- ৪৯৮প্রণয়ন কৰা হৈছিল। কিন্তু এই আইনৰ শিথিলতাসমূহলৈ লক্ষ্য কৰি ১৯৮৪ চনত সমগ্ৰ দেশত যৌতুক বিৰোধী আন্দোলন গা কৰি উঠিছিল। ফলত ১৯৮৫ চনত পুনৰ এই আইন সংশোধন কৰি ধাৰা ৪৯৮(ক) অন্তৰ্ভূক্ত কৰা হৈছে। এই সংশোধনী মর্মে যৌতুক নিবাৰণী আইনবোৰ জামিনবিহীন অপৰাধ হিচাপে গণ্য কৰা হৈছে।

যৌতুক নিবাৰণী আইনৰ কেবাটাও ধাৰা আছে। যেনে- (১) ধাৰা ৩-এই ধাৰাত যৌতুক দিওঁতা আৰু গ্ৰহণ কৰোঁতা উভয়কে আইনৰ চকুত সমানে দোষী সাৱ্যস্ত কৰা হৈছে আৰু উভয় পক্ষক পোন্ধৰ হাজাৰ টকা জৰিমনা আৰু লগতে ৫ বছৰৰ সশ্রম কাৰাদণ্ড বিহাৰ বিধান আছে। (২) ধাৰা ৪-এই ধাৰা অনুসৰি কোনো ব্যক্তিয়ে পৰোক্ষ বা প্রত্যক্ষভাবে কইনা বা দৰা পক্ষৰপৰা যৌতুক দাবী কৰিলে দোষীক ছমাহৰ পৰা দুবছৰলৈ কাৰাদণ্ড আৰু দহ্‌ হাজাৰ টকা জৰিমনা বিহাৰ বিধান আছে। (৩) ধাৰা ৫- এই ধাৰাৰ জৰিয়তে যৌতুক সম্বন্ধীয় সকলো ধৰণৰ চুক্তি নিষিদ্ধ কৰা হৈছে। (৪) ধৰা ৮- এই ধাৰা মতে যৌতুক সম্পৰ্কীয় কোনো গোচৰ পঞ্জীয়ন হলে, অভিযুক্তই নিজক নির্দোষী প্রমাণ কৰাৰ বিধান আছে। (৫) ধাৰা ৮ (ক)- এই ধাৰাৰ অধীনত যৌতুক দাবী বা গ্ৰহণ কৰা প্রতিহত কৰাৰ কাৰণে যৌতুক প্ৰতিৰোধী বিষয়া নিযুক্ত কৰা হৈছে। (৬) যৌতুকৰ বলি হোৱা মহিলাই আৰক্ষী চকী অথবা আৰক্ষী চকীৰ অন্তৰ্গত ওমেন চেলৰ জৰিয়তে গোচৰ দাখিল কৰাৰ বাবে সুবিধা প্ৰদান কৰা হৈছে।

কিন্তু এই যৌতুক নিবাৰণী আইনৰ ক্ষেত্ৰত এক শিথিলতা আছে। অর্থাৎ কইনাই উপহাৰ হিচাপে দৰাঘৰলৈ কিছু বস্তু অনাৰ বাবে অনুমতি আছে। ১৯৮৫ চনত প্ৰণয়ন কৰা যৌতুক নিবাৰণী আইন অনুসৰি উপহাৰৰ তালিকা, উপহাৰৰ সংক্ষিপ্ত বিৱৰণ আৰু উপহাৰৰ আনুমানিক মূল্য তালিকা কইনাই নিজৰ লগত ৰখাৰ বাবে নির্দেশ দিয়া হৈছে আৰু এই তালিকাত দৰা-কইনা উভয়ে স্বাক্ষৰ কৰাৰ নিৰ্দেশ আছে। আইনৰ এই শিথিলতা আৰু আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত কিছুমান পৰম্পৰাৰ সুযোগ লৈ এতিয়ালৈকে যৌতুকৰ দৰে অমানৱীয় পৰম্পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে বুলি কব পাৰি।

আমাৰ সমাজত প্ৰচলিত পৰম্পৰাবোৰ হল এনে ধৰণৰ- (১) আমাৰ সমাজত পতিক পৰমেশ্বৰ জ্ঞান কৰা হয়। পতিসেৱাই নাৰীৰ প্ৰধান ব্ৰত আৰু পতিব্ৰতা নাৰীক সমাজৰ গৌৰৱ হিচাপে বিবেচনা কৰা হয়। এই প্রাচীন মানসিকতাৰে পুষ্ট সমাজত নাৰীক কৈশোৰ অৱস্থাৰ পৰাই তর্কাতীতভাবে স্বামীৰ অনুগত হৈ থাকিবলৈ শিক্ষা দিয়া হয়। ফলত পতিব্ৰতাৰ প্ৰমাণ দিবলৈ গৈ নাৰীয়ে যৌতুক সম্বন্ধীয় বা অন্যান্য নির্যাতন পর্যাপ্ত আইন থকা সত্ত্বেও আইনৰ সুবিধা নোলোৱাকৈ মুখ বুজি সহ্য কৰি থাকে। (২) স্বামীগৃহৰ পৰা বিতাড়িতা নাৰীক আমাৰ সমাজত অৱজ্ঞাৰ দৃষ্টিৰে চোৱা হয়। ফলত স্বামীগৃহৰ পৰা বিতাড়িতা হোৱাৰ ভয়ত বহু নাৰীয়ে স্বামীগৃহৰ সকলো নির্যাতন নীৰৱে সহ্য কৰি থাকে। এনেকি বহুক্ষেত্ৰত সময়ত সকলো ঠিক হৈ যাব বুলি ভাবি মাক-বাপেকেও নিজৰ জীয়েকক স্বামীগৃহৰ সকলো নির্যাতন মুখ বুজি সহ্য কৰি থাকিবলৈ উপদেশ দিয়া হয়। (৩) আমাৰ সমাজ ব্যৱস্থা এনেকৈ গঢ় লৈ উঠিছে যে শিক্ষিতাই হওঁক বা অশিক্ষিতাই হওঁক পুৰুষৰ সহায় অবিহনে নাৰী অকলশৰীয়াভাবে জীয়াই থকাটো তেনেই অসম্ভৱ। যাৰ ফলত নাৰীয়ে পুৰুষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ কুণ্ঠাবোধ কৰে। (৪) যৌতুকৰ কাৰণেই হওঁক বা অন্যান্য কাৰণতেই হওঁক, বিবাহিতা মহিলাক মাৰপিট কৰিলে স্বামী-স্ত্ৰীৰ ঘৰুৱা সমস্যা বুলি নিকটাত্মীয় বা ওচৰ-চুবুৰীয়াই কোনো ধৰণৰ প্ৰতিবাদ নকৰি মনে মনে থাকে। ফলত নির্যাতনকাৰীয়ে নির্যাতন কৰিবলৈ উৎসাহিত হয়। (৫) নাৰী নির্যাতন বিশেষকৈ যৌতুকৰ ক্ষেত্ৰত পুৰুষতকৈ পুৰুষৰ নিকটাত্মীয় মহিলাসকলে আগভাগ লোৱা দেখা যায়। (৬) উপযুক্ত সাক্ষীৰ অভাৱত যৌতুকজনিত হত্যাৰ ৮০ শতাংশ গোচৰ হত্যা নে আত্মহত্যা নির্ণয় কৰাটো টান হৈ পৰে। ফলত বহু সময়ত দোষী আইনৰ সুৰুঙাৰে সাৰি যায়।। ইয়াৰদ্বাৰা উৎসাহিত হৈ যৌতুকজনিত হত্যাৰ গোচৰ দিনে দিনে বৃদ্ধি পাই আছে বুলি ভবাৰ থল আছে। (৭) অধিকতৰ সমাজত পুৰুষ সদস্যসকলেই পৰিয়ালৰ খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি যাৱতীয় প্রয়োজন পূৰণৰ কাৰণে উপাৰ্জন কৰে। বিপৰীতপক্ষে নাৰীয়ে পৰিয়ালৰ আলপৈচান ধৰাৰ পৰা আৰম্ভ কৰি ঘৰ-গৃহস্থালিৰ বিভিন্ন কামত ব্যস্ত থাকে। কিন্তু নাৰীৰ এইবোৰ কামৰ আৰ্থিক মূল্যায়ন কৰা নহয় । ফলত হাড়ভঙা পৰিশ্ৰম কৰিও নাৰী অৱহেলিতা হৈ থাকে। যাৰ ফলত পৰিয়ালৰ ওপৰত পুৰুষ সদস্যৰ আধিপত্য বিস্তাৰ হৈ থাকে। এই আধিপত্যৰ কাৰণে কোনো আইনগত বিশেষাধিকাৰৰো প্ৰয়োজন নহয়। ফলত সাম্প্রতিক সমাজ ব্যৱস্থাত পতি বুর্জোৱা আৰু নাৰী সৰ্বহাৰাৰ শ্ৰেণীভূক্ত হৈ পৰিছে। (৮) পুৰুষৰ নিৰ্যাতনক বিজ্ঞানৰ এই জয়যাত্ৰাৰ যুগতো নাৰীয়ে পূর্বজন্মৰ ফল বুলি ভাবি সন্তুষ্টি লাভ কৰে। গতিকে নাৰীৰ এই দুৰ্বলতাৰ সুযোগলৈ নাৰীৰ প্ৰতি পুৰুষৰ নিৰ্যাতন উত্তোত্তৰ বৃদ্ধি পাই আছে।

সম্প্ৰতি যৌতুক নামৰ দানৱে মানৱতাৰ টেটু এনেকৈ চেপি ধৰিছে যে নাৰীৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি হৈছে। সৰ্বস্তৰৰ জনতাই সংঘৱদ্ধভাবে সংগ্ৰাম কৰিলেহে এই যৌতুক নামৰ দানৱৰপৰা মুক্তি পোৱা সম্ভৱ। অৱশ্যে এই সংগ্রাম খুবেই কষ্টকৰ হ; কিন্তু অসম্ভৱ নহয়। লাগিব মাথোন

আন্তৰিকতা আৰু মানসিক প্রস্তুতি। যৌতুক আমাৰ পৰম্পৰা নহয়, যৌতুক একপ্ৰকাৰ সামাজিক ব্যাধিহে যৌতুক গ্ৰহণকাৰীয়ে নিজৰ আত্মসন্মান বিক্ৰী কৰে, এনেকুৱা শ্লোগান লিখি ৰাজহুৱা স্থানত আঁৰি থ'ব লাগিব আৰু কিছুমান পৰম্পৰা ত্যাগ কৰি আইনৰ সুবিধা গ্ৰহণৰ বাবে আগবাঢ়ি আহিব লাগিব। লগতে আইনৰ শিথিলতাসমূহ আঁতৰ কৰি আইন প্রয়োগৰ ক্ষেত্ৰত কঠোৰ হব লাগিবযৌতুকৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ যৌতুকৰ পৰা উদ্ভৱ ব পৰা সমস্যাৰ ভিত্তিত গল্প, কবিতা, প্ৰৱন্ধাদি পাঠ্যপুথিত সন্নিৱিষ্ট কৰিব লাগিব। নাৰী আৰু পুৰুষ উভয়ে এই যৌতুক বিৰোধী অভিযানত স্বেচ্ছাকৃতভাবে অংশ গ্ৰহণ কৰিব লাগিব। তেহে যৌতুক নামৰ দানৱৰপৰা আমাৰ সমাজখনক ৰক্ষা কৰা সম্ভৱ হ'ব।

(গণ অধিকাৰ-৩০ এপ্রিল-২০১৩)

 

শিশুৰ বিৰুদ্ধে যৌন আতিশয্য ৰোধ বিধেয়ক

শিশুৰ বিৰুদ্ধে যৌন আতিশয্য ৰোধৰ লক্ষ্যেৰে মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে এখন বিধেয়ক প্রস্তুত কৰি উলিয়াইছে। এই বিধেয়ক অনুসৰি ১৮ বছৰৰ তলৰ কোনো শিশুৰ লগত যৌন সম্পৰ্কীয় কথা-বতৰা, যৌন সম্পর্ক স্থাপন তথা চেষ্টা কৰা কাৰ্যক অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। এই বিধেয়েকখনত শিশুৰ বিৰুদ্ধে যৌন অপৰাধ সংঘটিত কৰিলে তিনি বছৰৰ পৰা আজীৱন কাৰদণ্ড আৰু অৰ্থদণ্ডৰ ব্যৱস্থা ৰখা হৈছে। ৰাষ্ট্ৰীয় অপৰাধ ব্যুৰোৰ তথ্য অনুসৰি ২০০৪ চনত ভাৰতবৰ্ষত ২,২৬৫ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০০৯ চনত ২,৮৯০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ২৪ শতাংশ ঘটনা সংঘটিত হৈছে শিশুৰ বিৰুদ্ধে। অসমৰ ক্ষেত্ৰতো এই তথ্য কম উদ্বেগজনক নহয়। অসমত ২০০৬ বৰ্ষত ৭,১৬৪ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০১১ বৰ্ষত ১১,৫৬৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে বুলি বিধান সভাৰ বাজেট অধিবেশনত বনমন্ত্ৰী ৰকিবুল হুছেইনে প্রকাশ কৰিছে।

আমাৰ দেশত প্রতি হাজাৰত ৩.৫ গৰাকী প্ৰসূতিৰ মৃত্যু হয় বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এক তথ্যত প্ৰকাশ পাইছে। এই সংখ্যাৰ ভিতৰত অপৈণত বয়সত মাতৃত্বৰ বোজা বহন কৰা প্ৰসূতিৰ সংখ্যাই অধিক। জন্মৰ লগে লগে প্রতি হাজাৰত ৭.৬ জন শিশুৰ মৃত্যু হয় বুলি জনা যায় । এই সংখ্যাৰ ভিতৰত অপৈণত বয়সত মাতৃত্বৰ বোজা বহন কৰা মাতৃৰ সন্তানে অধিক। ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ ধার্য কৰা হৈছে যদিও ২০ বছৰৰ তলৰ মাতৃয়ে সন্তান ধাৰণ কৰাটো অপৰাধ। মাথোন ২০ বছৰ হ'লেই নহ, এগৰাকী নাৰীৰ উচ্চতা ৪ ফুট ৪ ইঞ্চি হ'লেহে সন্তান উৎপাদনৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। কিন্তু আমাৰ সমাজৰ আৰ্থিকভাবে দুর্বল আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা বহু পৰিয়ালত ১৮ বছৰৰ তলৰ কন্যাসন্তানক বিয়া দি উলিয়াই দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আছে। ইও শিশুৰ বিৰুদ্ধে একপ্ৰকাৰ যৌন নির্যাতন।

সমাজ তথা ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে মহিলাসকল সবল হোৱাটো অতি জৰুৰী। মহিলাসকল মাথোন এক শক্তিয়ে নহয়, মাতৃও। মাতৃসকল শিশুৰ প্ৰথম পাঠশালা। মাতৃৰ কোলাত পোৱা শিক্ষাই সমাজ তথা ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আমাৰ দেশত শতিকাৰ পাছত শতিকা- ব্যাপী মহিলাসকলৰ লগত বৈষম্যমূলক আচৰণ কৰি অহা হৈছে আৰু মাতৃসকলৰ প্ৰতি যথাযথ সন্মান প্ৰদৰ্শন তথা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত শিশু তথা দেশৰ সুস্থ বিকাশ বাধাপ্রাপ্ত হৈছে।

পৰিয়ালৰপৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰত মহিলা তথা কন্যাসন্তানৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হয়। মহিলাসকলৰ প্ৰতি কৰা বৈষম্যমূলক আচৰণে পাৰিবাৰিক হিংসাৰ সৃষ্টি কৰে। এই বৈষম্যমূলক আচৰণ অতীজৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কাললৈকে সার্বজনীন ৰূপত প্ৰকট হৈ আছে। সমাজ তথা পৰিয়ালত সংঘটিত হোৱা বহু নির্যাতন মহিলাসকলে লাজ-শংকা, শিক্ষা আৰু সুৰক্ষাৰ অভাৱ, সমাজৰপৰা উপযুক্ত সহযোগ নোপোৱাৰ কাৰণে আৰু উপযুক্ত আইনৰ অভাৱত যুগ যুগ ধৰি মুখ বুজি সহ্য কৰি আহিছে। ফলত মহিলাসকল সততে পাৰিবাৰিক হিংসাৰ বলি হব লগা হৈছে। মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা সকলো দেশ, সমাজ, সংস্কৃতি আৰু জাতি-গোষ্ঠীৰ মাজত বিদ্যমান।

১৯৭৫ চনৰ পৰা ১৯৮৫ চনলৈ আন্তর্জাতিক মহিলা দহক পালন কৰা হৈছে। এই মহিলা দহকৰ সমাপনী অনুষ্ঠানত নাৰীমুক্তি সম্পর্কে বিশেষভাবে চৰ্চা কৰা হৈছিল। মহিলা দহকৰ সমাপনী অনুষ্ঠানৰ উদ্বোধনী ভাষণত তেতিয়াৰ ৰাষ্ট্ৰসংঘৰ মহাসচিব জেভিয়াৰ পেৰেজ দ্য কুৱেলাৰে ১৫৫ খন দেশৰ ১১,০০০ গৰাকী প্রতিনিধিৰ আগত কৈছিল-যদিও এই দহকটোত মহিলাসকলক পুৰুষৰ সমান অধিকাৰ প্ৰদানৰ কাৰণে ৯০ শতাংশ দেশে মহিলাসকলক পুৰুষৰ সমান বেতন দিয়াৰ ব্যৱস্থা কৰিছে আৰু কাগজে-কলমেও বহু কিবা-কিবি কৰা হৈছে। তথাপি আমি মহিলাসকলক পুৰুষৰ সমান অধিকাৰ প্ৰদানৰপৰা বহু যোজন দূৰত অৱস্থান কৰি আছোঁ। মিছৰৰ এগৰাকী চিকিৎসক নবল আল সাদবীয়ে মহাসচিবৰ এই উক্তিক কিছু আগলৈ টানি নি কৈছিল- স্বৰ্গতো আমাতকৈ পুৰুষৰ অধিকাৰ অধিক হব আৰু আমি তালৈ গৈও সমঅধিকাৰৰ কাৰণে যুদ্ধ কৰিব লাগিব। এইসমূহ উক্তিৰপৰা মহিলাসকলৰ অধিকাৰ কিমান সুৰক্ষিত হৈছে তাৰ আভাস পাব পাৰি।

দেশ স্বাধীন হোৱাৰ পাছত আমাৰ দেশে মহিলা তথা কন্যাসন্তানক সমঅধিকাৰ প্ৰদান আৰু সেই অধিকাৰক সংৰক্ষণৰ কাৰণে বহু আইন প্রণয়ন কৰা হৈছে। মহিলাসকলক পাৰিবাৰিক হিংসাৰপৰা সুৰক্ষা প্ৰদানৰ কাৰণে ২০০৫ চনত পাৰিবাৰিক হিংসা নিৰোধক বিধেয়ক পাছ কৰিছে। এই বিধেয়কখনক পৰিভাষাত স্থান দিয়া হৈছে। এই বিধেয়কখনৰ এক গুৰুত্বপূৰ্ণ বিষয় হ, মহিলাসকলক ৰাজনৈতিক অধিকাৰ প্ৰদান। সংবিধানৰ ৭৩ আৰু ৭৪ তম সংশোধনী মর্মে মহিলাসকলক পঞ্চায়ত আৰু নগৰপালিকাসমূহত এক তৃতীয়াংশ প্রতিনিধিত্বৰ সুবিধা প্ৰদান কৰিছে। মাথোন অংশ গ্ৰহণৰ অধিকাৰ সুনিশ্চিত কৰিয়ে ক্ষান্ত থকা নাই, মহিলা প্রতিনিধিসকলে যাতে নেতৃত্ব প্ৰদানৰ সুবিধা পায় তাৰ কাৰণে এক তৃতীয়াংশ নেতৃত্ব প্ৰদানৰো ব্যৱস্থা কৰিছে। আগতে হিন্দু মহিলাসকল পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰ নাছিল। ২০০৫ চনৰপৰা হিন্দু মহিলাসকলে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰ দাবী কৰিব পৰা হৈছে। মহিলাসকল নির্যাতিতা আৰু সিহঁতৰ প্ৰতি বৈষম্যভাব পোষণৰ অন্যতম কাৰণ হল নিৰক্ষৰতা। অৱশ্যে সম্প্রতি মহিলাসকল স্বাক্ষৰতাৰ ক্ষেত্ৰত পূৰ্বতকৈ বহু আগবাঢ়িছে। ১৯৫১ চনৰ নাগৰিকপঞ্জী অনুসৰি আমাৰ দেশত মহিলাৰ স্বাক্ষৰতাৰ হাৰ আছিল মাথোন ৮.৬৬ শতাংশ। পক্ষান্তৰে ২০০১ চনৰ লোক পিয়লৰ তথ্য অনুসৰি এই হাৰ ৫৪.২৮ শতাংশলৈ বৃদ্ধি পাইছে। তথাপিও শিক্ষাৰ ক্ষেত্ৰত মহিলাসকল পুৰুষতকৈ ২১.৬৮ শতাংশ পিছপৰি আছে। বিহংগম দৃষ্টিত চালে দেখা যায় যে গ্রামাঞ্চলৰ আৰ্থিকভাবে দুর্বল মহিলাসকল নাৰীশিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহু যোজন পিছ পৰি আছে। মহিলাসকলৰ অধিকাৰ সংৰক্ষণ কৰাৰ কাৰণে আমাৰ দেশৰ সংসদে ১৯৯০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰিছে। এই আয়োগে চহৰাঞ্চলৰ শিক্ষিতা মহিলাসকলৰ অধিকাৰ সুৰক্ষাৰ কাৰণে কিছু কাম কৰি আছে যদিও গ্ৰাম্যাঞ্চলৰ মহিলসকলক এতিয়ালৈকে ঢুকি পোৱা নাই যেন লাগে।

আমাৰ দেশত সম্প্ৰতি কন্যা ভ্রূণ হত্যা এক প্ৰত্যাহ্বানৰূপে গা কৰি উঠিছে। আমাৰ দেশত প্রতি বছৰ এককোটি শিশুৰ জন্ম হয় আৰু ইয়াৰে ২০ লাখ কন্যা ভ্রূণ গৰ্ভস্থ অৱস্থাতে হত্যা কৰা হয় বুলি এক বেচৰকাৰী সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্বনৰ তথ্য এই তথ্যতকৈও অধিক ভয়াৱহ। ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্বনৰ তথ্য অনুসৰি আমাৰ দেশত প্ৰতি বছৰ ৫০ লাখ কন্যা ভ্রূণ হত্যা কৰা হয় বুলি জনা যায়। ভাৰত চৰকাৰে এই সন্দৰ্ভত নিদানমূলক ব্যৱস্থা লোৱাৰ লগতে ইয়াৰ অপপ্ৰয়োগৰ পৰা সুৰক্ষা প্ৰদানৰ কাৰণে ১৯৯৪ চনৰ পৰা প্ৰসৱপূর্ব ভ্রূণ পৰীক্ষা কৰাৰ ক্ষেত্ৰত বাধাৰোপ কৰিছে। এই আইন পুনৰ সংশোধন কৰি ২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ দেশত পি এন ডি প্ৰেনেটাল ডিটাৰমেনেশ্বন টেষ্ট-২০০২' নামেৰে অধিনিয়ম চালু কৰিছে। এই অধিনিয়ম উলংঘা কৰা ব্যক্তিক ৫ বছৰৰ কাৰাদণ্ড আৰু এক লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে।

আন্তর্জাতিক মানৱাধিকাৰ আইনৰ জৰিয়তেও মহিলাসকলৰ প্ৰতি কৰা সকলো ধৰণৰ বৈষম্যমূলক আচৰণ দূৰীকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ১৯৮১ চনৰ ২ চেপ্তেম্বৰৰপৰা এই সিদ্ধান্ত বলৱৎ কৰা হৈছে। বৰ্তমানলৈকে বিশ্বৰ ১৫০ খন ৰাষ্ট্ৰ এই সিদ্ধান্তৰ লগত চামিল হৈছে। ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সংসদত নাৰীৰ প্ৰতি সংঘটিত হিংসাত্মক ঘটনা দূৰীকৰণ সংক্ৰান্তত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু নাৰীৰ প্ৰতি কৰা হিংসাত্মক ঘটনা বন্ধ কৰাৰ কাৰণে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ প্ৰতি আহ্বান জনোৱা হৈছিল। নাৰীৰ প্ৰতি সংঘটিত হিংসাত্মক ঘটনাৰ কাৰণ আৰু তাৰ ফলাফল বিচাৰৰ বাবে ১৯৯৪ চনৰ মাৰ্চ মাহত মানৱাধিকাৰ সুৰক্ষা আয়োগে এগৰাকী বিশেষ প্রতিবেদক নিয়োগ কৰিছিল আৰু ১৯৯৫ চনৰ ৪ চেপ্তেম্বৰৰ পৰা ১৫ চেপ্তেম্বৰলৈ বেইজিঙত অনুষ্ঠিত নাৰী বিষয়ক চতুৰ্থ সন্মিলনত নাৰীৰ উন্নয়ন নিশ্চিত কৰিবলৈ কাৰ্যপন্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। উন্নয়ন প্ৰক্ৰিয়াত নাৰীৰ অংশ গ্রহণ, সমাজত নাৰীৰ অৱস্থানৰ উন্নয়ন আৰু শিক্ষাৰ ক্ষেত্ৰত নাৰীক অধিক সুযোগ প্রদান আদি এই উন্নয়ন প্ৰক্ৰিয়াৰ অন্তৰ্গত আছিল।

ইমানবোৰ আইন আৰু সংগঠনে নাৰীৰ সমঅধিকাৰ নিশ্চিত কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰখাৰ পাছতো নাৰীসকল সকলো ক্ষেত্ৰতে প্রতিনিয়ত ধাৰাবাহিকভাবে নির্যাতনৰ চিকাৰ হৈ আহিছে। গতিকে শিশুৰ বিৰুদ্ধে যৌন আতিশয্য ৰোধ বিধেয়কখন শিশুৰ যৌন নির্যাতন ৰোধত কিমান সফল হয়, সেয়া লক্ষণীয় হব। অৱশ্যে সমাজ সচেতন আৰু আইন প্রয়োগৰ ক্ষেত্ৰত কঠোৰ হলে এই বিধেয়কখনে কিছু ক্ষেত্ৰত ফলপ্রসূ ভূমিকা পালন কৰিবলৈ সমৰ্থ হব বুলি আশা কৰিব পাৰি। ১৮ বছৰৰ তলৰ কন্যাসন্তানৰ লগত যৌন মিলনক ধৰ্ষণ হিচাপে গণ্য কৰা হয়। কিন্তু আর্থিকভাবে দুৰ্বল আৰু শিক্ষা- দীক্ষাৰ ক্ষেত্ৰত পিছপৰা পৰিয়ালত পিতৃ-মাতৃৰ মনেসজা বয়সৰ মৌখিক প্ৰমাণপত্ৰৰ সহায়ত ধাৰাবাহিকভাবে বাল্যবিবাহ সংঘটিত হৈ আছে। গতিকে পুৰুষৰ ক্ষেত্ৰত ২১ আৰু নাৰীৰ ক্ষেত্ৰত ১৮ বছৰতকৈ কম বয়স বুলি সন্দেহ হোৱা দৰা-কইনাৰ ক্ষেত্ৰত ডাক্তৰৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰিব পাৰিলে সমস্যা কিছু সমাধান হব বুলি আশা কৰিব পাৰি।

(গণ অধিকাৰ-৮ মে'-২০১২)

  

         মানৱ অধিকাৰ- এটি পর্যালোচনা

মানুহ আৰু পশু একেই স্ৰষ্টাৰ সৃষ্টি। মানুহৰ মাজত যিদৰে সমাজ আৰু আচাৰ আছে, পশুৰ মাজতো সেইদৰে সমাজ আৰু আচাৰ আছে। পশুৰ আচাৰ হল- জোৰ যাৰ, মুল্লুক তাৰ।অৰ্থাৎ পশুৰ ক্ষেত্ৰত সংঘৰ্ষ অনিবার্য। এই সংঘৰ্ষ জীয়াই থকাৰ সংঘৰ্ষ। কিন্তু মানৱ সমাজত পশুতকৈ ভিন্ন সংস্কৃতি আৰু আচাৰ বিদ্যমান। মানুহৰ আচাৰ হল- নিজে জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া।ইয়াৰ জৰিয়তে সংঘৰ্ষৰপৰা নিজক বচাই ৰাখিবলৈ ইংগিত কৰা হোৱা নাই, সংঘৰ্ষ এৰাই চলিবলৈহে ইংগিত কৰা হৈছে। অর্থাৎ এজনে আনজনৰ অধিকাৰ খৰ্ব নকৰাকৈ নিজৰ অধিকাৰ ভোগ কৰাৰ কথা কোৱা হৈছে। সেয়ে পশুৰ কাৰণে যত সংঘৰ্ষ অনিবাৰ্য, মানুহৰ কাৰণে তত সংঘৰ্ষ অপবাদ। ইউৰোপীয় বিচাৰ ধাৰা অনুসৰি মানুহ ল বিকাশশীল পশু। কাৰণ খাৱন-শোৱন, ভয়, মৈথুন আদি কাৰ্য মানুহ আৰু পশুৰ মাজত একে। পার্থক্য মাথোন এইখিনিতে যে, মানুহে বিবেকৰ জৰিয়তে মানৱ কল্যাণৰ হকে কিছুমান আচাৰ আৰু নীতি নিৰ্ধাৰণ কৰি লৈছে, কিন্তু পশুৰ মাজত এই আচাৰ আৰু নীতি অনুপস্থিত। মানুহে নিৰ্ধাৰণ কৰি লোৱা আচাৰ আৰু নীতিৰ নামেই হল ধৰ্ম। নিজৰ বাবে যি বেয়া বুলি ভবা হয়, আনৰ বাবেও সেয়া বেয়া বুলি ভবাৰ কাৰণে শিক্ষা দিছে ধর্মই। সংঘর্ষ এৰাই চলাৰ কাৰণে যিবোৰ আচৰণ কৰা হয় সেয়াই হল প্রকৃত ধর্ম।

ধৰ্মৰ অভ্যুত্থানৰ লগে লগে মানুহ স্ৰষ্টাৰ শ্ৰেষ্ঠজীৱ হিচাপে পৰিগণিত হৈছে; কিন্তু মানুহ যে সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ এই ঘোষণা বেলেগ কোনো প্রাণীয়ে কৰা নাই. কৰিছে স্বয়ং মানুহে নিজে। ফলত এই ঘোষণাৰ অন্তৰালত মানুহৰ অহং ভাব নিহিত হৈ আছে। সেয়ে এই অহংভাবৰপৰা মুক্ত হোৱাৰ কাৰণে মানুহে পুনৰ সকলোতে ঈশ্বৰৰ অস্তিত্ব থকাৰ কথা ঘোষণা কৰিছে। অর্থাৎ কুকুৰ, শৃগাল, গদৰ্ভৰ আত্মা ৰাম, জানিয়া সবাকো কৰিবা প্রণাম'এই ঘোষণাৰ জৰিয়তে মানুহে সকলো জীৱৰ ওপৰত সৰ্বশক্তিমান এক অস্তিত্ব থকাৰ কথা স্বীকাৰ কৰিছে। কিন্তু মানুহৰ এই ঘোষণা প্ৰৱঞ্চনাহে মাথোন। কাৰণ এই ঘোষণাৰ পাছতো মানুহে সকলো জীৱৰ মাজত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰাতো দূৰৰে কথা, মানুহে স্বয়ং মানুহৰ মাজতে নানা প্রজাতি, গোষ্ঠী-বর্ণ, ভাষা-সংস্কৃতি, ধর্ম, আঞ্চলিকতাবাদ সৃষ্টি কৰি মানুহৰ মাজতে ঈশ্বৰৰ অস্তিত্ব উপলব্ধি নকৰা হৈছে। নিজৰ সুখ-স্বচ্ছন্দ্যৰ কাৰণে মানুহে মানুহৰ অধিকাৰ হনন কৰিছে। নানা ধৰণে অন্যায়, অত্যাচাৰ, শোষণ কৰিছে মানুহে মানুহক। ফলত মানুহৰ অধিকাৰ সুৰক্ষাৰ কাৰণে মানৱ অধিকাৰ নামৰ সংগঠন সৃষ্টি কৰিব লগা হৈছে।

বিশ্বৰ প্ৰতিটো জাতি-প্ৰজাতি, বর্ণ-গোষ্ঠী, সম্প্রদায়, ভাষা-ভাষী সকলো মানুহক একগোট কৰি একেটা মঞ্চত সমবেত কৰাৰ কাৰণে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ সৃষ্টি কৰিছে। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ মহাসভাই সর্বসম্মতিক্রমে ঘোষণা কৰিছে যেসকলো মানুহ স্বাধীন, সমান গৌৰৱ আৰু অধিকাৰ লৈ জন্মগ্রহণ কৰে। এই ঘোষণাৰ লগে লগে মানৱ অধিকাৰৰ এক দীঘলীয়া সূচী ঘোষণা কৰিছে- (১) ব্যক্তিৰ স্বতন্ত্ৰতা আৰু সুৰক্ষাৰ অধিকাৰ সুনিশ্চত কৰণ। (২) সম্পত্তি আহৰণ, সংৰক্ষণ তথা ভোগৰ অধিকাৰ। (৩) বিবাহ আৰু পৰিয়াল সম্প্ৰসাৰণৰ অধিকাৰ। (৪) দাসত্ব তথা যন্ত্ৰণাৰপৰা নিজক ৰক্ষা কৰাৰ অধিকাৰ। (৫) নিৰপেক্ষ বিচাৰ প্ৰাপ্যৰ অধিকাৰ (৬) মুক্তভাবে বিচৰণ আৰু আশ্রয় পোৱাৰ অধিকাৰ। (৭) যিকোনো ৰাষ্ট্ৰৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ। (৮) ব্যক্তিগত মত ব্যক্ত আৰু ধৰ্মীয় আচৰণ কৰাৰ অধিকাৰ। (৯) সভা-সমিতি কৰাৰ অধিকাৰ। (১০) স্বতন্ত্র নির্বাচন তথা সার্বজনীন বিষয়ত অংগ্ৰহণৰ অধিকাৰ আদি এই সূচীৰ অন্তৰ্গত।

তলত দিয়া বিষয়সমূহক নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ অন্তৰ্ভূক্ত কৰিছে—(১) কৰ্ম কৰি উপযুক্ত পাৰিশ্ৰমিক পোৱাৰ অধিকাৰ। (২) শ্রমিক সংগঠন প্রতিষ্ঠা আৰু তাত অংশগ্ৰহণৰ অধিকাৰ। (৩) মানসিক কল্যাণ আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সাধনৰ কাৰণে সামাজিক সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰ। (৪) নিজৰ সংস্কৃতি ৰক্ষণাবেক্ষণ আৰু উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ অধিকাৰ। (৫) বংশগত ভেদাভেদ আৰু উপনিৱেশবাদৰপৰা মুক্তি পোৱাৰ অধিকাৰ।

বিভিন্ন সভ্যতাত মানৱ অধিকাৰৰ বিষয়ে চিন্তা-চৰ্চা চলি আছিল যদিও মানৱ অধিকাৰক যথাযথভাবে ৰূপায়ণ তথা মৰ্যদা প্ৰদানৰ প্ৰক্ৰিয়া মূলতঃ ওঠৰ শতিকাৰ পৰাহে আৰম্ভ হৈছে। আমেৰিকাৰ স্বাধীনতা সংগ্রাম আৰু ফৰাচী বিপ্লৱৰ পাছৰপৰা উভয় দেশতে মানৱ অধিকাৰক সাংবিধানিক মর্যদা প্ৰদান কৰা হৈছে। ১৭৭৬ চনত আমেৰিকাই স্বাধীনতা ঘোষণা কৰাৰ সময়ত ঘোষণা কৰিছে সকলো মানুহ সমান, আমি এই তথ্যক স্বয়ংসিদ্ধ বুলি স্বীকাৰ কৰোঁ। স্ৰষ্টাই সকলো মানুহকে অনন্য অধিকাৰ প্ৰদান কৰি সৃষ্টি কৰিছে। গতিকে সকলো মানুহৰে জীৱনধাৰণ, স্বতন্ত্ৰতা আৰু সুখ-সমৃদ্ধি প্ৰাপ্তিৰ অধিকাৰ আছে।' এই অধিকাৰক সুনিশ্চিত কৰাৰ কাৰণেই জনসাধাৰণৰদ্বাৰা চৰকাৰ গঠন কৰা হয়। চৰকাৰে শাসিত ব্যক্তিৰ সৰ্বসন্মতিক্ৰমেহে শাসনযন্ত্র নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাপ্রাপ্ত হয়।

ফ্রান্সেও ১৭৮৯ চনত ব্যক্তি আৰু নাগৰিক অধিকাৰৰ ঘোষণাপত্ৰত মানুহৰ নৈসর্গিক, অনন্য আৰু প্ৰাপ্য অধিকাৰ প্ৰসংগত উল্লেখ কৰিছে, যে সকলো মানুহ স্বতন্ত্রভাবে জন্মগ্ৰহণ কৰে আৰু স্বতন্ত্ৰ হৈয়ে থাকে। অর্থাৎ মানুহ সমঅধিকাৰৰ অধিকাৰী। ঘোষণাপত্ৰত ইয়াকো উল্লেখ কৰা হৈছে, যে মানুহৰ নৈসর্গিক অধিকাৰ তথা অহস্তান্তৰিত অধিকাৰ যথা মানুহৰ স্বতন্ত্রতা, সম্পত্তি তথা সুৰক্ষা সংৰক্ষণ কৰা আৰু মানুহক দমন, উৎপীড়নৰপৰা ৰক্ষা কৰা প্ৰত্যেক ৰাজনৈতিক সংস্থাৰ লক্ষ্য হোৱা উচিত।

১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ মহাসভাই নাগৰিক অধিকাৰৰ সাৰ্বভৌমিক ঘোষণাপত্ৰ গ্ৰহণ কৰাৰ পাছত মানুহৰ স্বতন্ত্ৰতা আৰু গৰিমা সুনিশ্চিত কৰাৰ বাবে প্রয়োজনীয় বিধানসমূহ বিশ্বৰ প্ৰায়বোৰ দেশৰ সংবিধানৰ অন্তৰ্ভূক্ত কৰা হৈছে। ফলত শতিকাব্যাপী চলি অহা জনমতক সন্মান প্ৰদৰ্শন কৰি সংযুক্ত ৰাষ্ট্ৰসংঘই ঘোষণাপত্ৰত উল্লেখ কৰিছে যে, মানৱ পৰিয়ালৰ সকলো সদস্যৰ জন্মগত অধিকাৰ গৰিমা, সন্মান তথা অনন্য অধিকাৰক মৰ্যদা প্রদান কৰিলেহে বিশ্বত স্বতন্ত্রতা, ন্যায় প্রাপ্তিৰ অধিকাৰ প্ৰতিষ্ঠা কৰা সম্ভৱ হ'ব।

ৰাষ্ট্ৰসংঘই মাথোন নীতি-নিয়ম প্রণয়ন কৰিয়ে ক্ষান্ত থকা নাই, বিভিন্ন সংগঠনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে; কিন্তু অতি পৰিতাপৰ কথা যে, ঈস্পিত মানৱ অধিকাৰ ৰক্ষা কৰা এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। ইয়াৰ কাৰণ হিচাপে ব্যক্তিস্বার্থকে চিহ্নিত কৰিব পাৰি। মানুহে মানুক হত্যা কৰিছে, জাতি-ধর্ম-ভাষাৰ নামত মানৱৰ অধিকাৰ হনন কৰি আছে। জ্যাত্যাভিমানে সৃষ্টি কৰিছে ৰাজনৈতিক সংঘাত। ৰাজনীতিত সেৱাৰ মনোভাৱৰ পৰিৱৰ্তে ৰাজনীতিক ব্যৱসায়ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে এচাম স্বার্থান্বেষী মানুহে। যাৰ লাঠি, তাৰে মাটিএই অমানৱীয় আচাৰৰ আশ্ৰয় লৈ ধনবল, জনবল প্রয়োগ কৰি ৰাজনীতিৰ পথাৰখন কলুষিত কৰি পেলাইছে। সন্ত্ৰাসৰ জৰিয়তে মানুহৰ মনত ত্ৰাসৰ ভাব সৃষ্টি কৰি সৰ্বসাধাৰণৰ ৰাজনৈতিক অধিকাৰ হৰণ কৰিছে। উচ্চবৰ্ণ, নিন্মবৰ্ণৰ নামত চলিছে অর্থনৈতিক আৰু বৌদ্ধিক শোষণ। ভাষা-সংস্কৃতি-ধৰ্মৰ নামত বিভাজন কৰি আৰ্থিক তথা শৈক্ষিকভাবে দুর্বল মানুহক দাসত পৰিণত কৰাৰ কাৰণে প্ৰতিখন সমাজ তথা দেশত প্ৰচেষ্টা অব্যাহত আছে। যাৰ ফলত ব্যাহত হৈছে, মানুহৰ উন্নতি, সভ্যতাৰ প্ৰগতি আৰু সংস্কৃতিৰ গতি।

(এদিনৰ সংবাদ-৩০-০৫-২০১১)

        প্ৰসংগ ৰামদেৱঃ কিছু অনুভৱ

যোৱা কিছুদিন ধৰি বাবা ৰামদেৱৰ ভ্ৰষ্টাচাৰবিৰোধী আৰু ক'লাধন সম্পৰ্কীয় আন্দোলনক লৈ বিভিন্ন মিডিয়া, দল-সংগঠন আদি ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। টেলিভিছন, বাতৰি কাকতসমূহে প্ৰচাৰ কৰি আছে ৰামদেৱ সম্পৰ্কীয় বিভিন্ন ঘটনা। ৰামদেৱক মই দুবছৰমান আগৰপৰা টিভিৰ পৰ্দাত প্রত্যক্ষ কৰি আছোঁ। তেওঁৰ বাক্‌পটুতা আৰু জ্ঞানগর্ভ বক্তব্য শুনাৰ লগতে বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে প্ৰদৰ্শন কৰা আসনসমূহ চাই মই ৰামদেৱৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ আৰু সময়-সুযোগ পালেই তেওঁৰ অনুষ্ঠান উপভোগ কৰিছিলোঁ।

ৰামদেৱে স্বাস্থ্যসমৃদ্ধ আৰু স্বাভিমান ভাৰত গঢ়াৰ যি সপোন ভাৰতবাসীক দেখুৱাইছিল সেয়া প্ৰকৃতাৰ্থতে প্রশংসনীয়। কিন্তু যেতিয়া দেশৰ বিভিন্ন প্রান্তে প্রান্তে ঘূৰি যোগাসনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছিল,তেতিয়া তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিব বুলি মোৰ মনত এক সন্দেহৰ মনোভাৱ গা কৰি উঠিছিল। তেওঁ ৰাজনৈতিক দল গঠন কৰিব বুলি বাতৰি কাকত এখনত প্ৰকাশিত বাতৰি পঢ়ি মোৰ সেই সন্দেহ অধিক ঘনীভূত হৈ উঠিছিল। যোৱা ৪ জুনত (২০১১ চন)ভ্ৰষ্টাচাৰ বিৰোধী আন্দোলনৰ পেণ্ডেল নিৰ্মাণ কৰা দেখি তেওঁ যে ৰাজনীতিৰ ক্ষেত্ৰখনত সঁচাকৈয়ে পদার্পণ কৰিব খুজিছে সেই কথা অধিক স্পষ্ট হৈ পৰা দেখা গ'ল।

ৰামদেৱ অনশনত বহাৰ আগতে সমগ্ৰ ভাৰতব্যাপী এক উৎকণ্ঠাৰ পৰিৱেশ বিৰাজ কৰি আছিল। কি হব এই অনশনৰ পৰিণতি! সঁচাকৈয়ে সফল বনে ৰামদেৱৰ এই দুৰ্নীতি বিৰোধী আন্দোলন? চাৰিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰট'কল ভংগ কৰি ৰামদেৱক অনশনত নবহিবলৈ অনুৰোধ জনোৱা বিষয়টোও বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছিল অনশনৰ আগমুহূৰ্তত। কেন্দ্ৰীয় মন্ত্ৰীৰ এই কাৰ্যৰ ফলত অনশনৰ গুৰুত্বও বহু পৰিমাণে বৃদ্ধি পাইছিল।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰামদেৱ অনশনত বহিল। ৪ জুনৰ নিশা ৰামলীলা ময়দানত দিল্লী আৰক্ষীয়ে বৰ্বৰ (?) অত্যাচাৰ চলালে। ফলত দেশব্যাপী এক বিক্ষোভৰ বাতাৱৰণ সৃষ্টি হোৱাৰ উপক্ৰম হ'; কিন্তু মূৰত গৈ আশা কৰা ধৰণে বিক্ষোভ প্ৰদৰ্শন কৰা নহ'ল। মাথোন বিজেপিয়ে কিছু বিক্ষোভ পৰিদৰ্শন কৰি ৰামদেৱৰ সন্মান ৰাখিলে বুলি ক'ব পাৰি।

প্ৰকৃততে ৰামলীলা ময়দানত কি হৈছিল ৪ জুনৰ নিশা? ৪ জুনৰ নিশা ৰামলীলা ময়দানত সংঘটিত হোৱা ঘটনা সম্পৰ্কে আৰক্ষী আৰু যোগ শিৱিৰত অংগ্ৰহণকাৰীৰ ভাষ্যৰ মাজত এক বিৰাট পার্থক্য দেখা গ'ল। যোগাসনত অংশগ্ৰহণকাৰী ভক্তসকলে (বিশেষকৈ ৰামদেৱৰ ভাষ্য অনুসৰি) ৪ জুনৰ নিশাটো আছিল এক কলা নিশা। দিল্লী আৰক্ষীয়ে বৰ্বৰ আক্ৰমণ চলালে। আৰক্ষীৰ এই বৰ্বৰতাক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। শিশু-বৃদ্ধ মহিলা আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হল। এখোপ আগবাঢ়ি গৈ জালিয়ানৱালাবাগৰ বৰ্বৰ হত্যাকাণ্ডৰ লগতো তুলনা কৰা দেখা গ'ল ৰামলীলা ময়দানৰ ঘটনাক।

 আনফালে আৰক্ষীৰ ভাষ্য অনুসৰি, ৰামলীলা ময়দানত আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ বাবে ইমান বৃহৎ সংখ্যক লোক সমৱেত হোৱাৰ কাৰণে অনুমতি দিয়া হোৱা নাছিল। মাথোন পাঁচ হাজাৰ লোককহে যোগ শিৱিৰত অংশ গ্ৰহণৰ বাবে অনুমতি দিয়া হৈছিল। কিন্তু অংশগ্ৰহণকাৰীৰ সংখ্যা অধিক বৃদ্ধি পোৱাত নিৰাপত্তাৰ খাতিৰতে যোগ শিৱিৰৰ অনুমতি বাতিল কৰি কথাটো ৰামদেৱক অৱগত কৰাবলৈহে আহিছিল দিল্লী আৰক্ষী। ভক্তসকলে আৰক্ষীক ৰামদেৱৰ ওচৰলৈ যাবলৈ বাধা প্ৰদান কৰাত আৰক্ষীয়ে বলপূর্বক ৰামদেৱৰ ওচৰলৈ যাবলৈ বিচৰাত অংশগ্ৰহণকাৰী ভক্তসকলে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে। ফলত ভক্তসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। ফলত লৰা-ঢপৰা সৃষ্টি হৈ কিছু মানুহ আহত হয়।

এই যে পৰস্পৰ বিৰোধী বক্তব্য ইয়াৰ সত্যসত্যতা নির্ণয় কৰাৰ কাৰণে মই টেলিভিছনযোগে প্ৰচাৰ কৰা বাতৰিসমূহ চাইছিলোঁ। টেলিভিছনৰ পৰ্দাত প্ৰচাৰিত বাতৰিসমূহ প্রত্যক্ষ কৰি আৰক্ষীৰ ভাষ্যই সঁচা যেন লাগিল। কাৰণ টিভিৰ পৰ্দাত যিসমূহ ভিডিও ফুটেজ প্ৰদৰ্শন কৰা হ, তাত ৰামদেৱে অভিযোগ কৰা অনুসৰি এবাৰো লাঠিচার্জ কৰা পৰিলক্ষিত নহ'ল। চৰকাৰী চেনেলতো বাদেই ব্যক্তিগত চেনেলসমূহতো এবাৰৰ কাৰণেও লাঠিচার্জ কৰা দৃষ্টিগোচৰ নহ'ল ৷ ছবিয়ে মিছা কথা নকয়, এই সত্যক উপলব্ধি কৰিয়ে হয়তো দেশবাসী মৌন হৈ থাকিল। অৰ্থাৎ ৰামদেৱৰ সমৰ্থনত বিক্ষোভ প্রদর্শন কৰাৰপৰা বিৰত থাকিল।

ইয়াৰ উপৰিও যোগ শিৱিৰ আৰু ৰামদেৱ সম্পৰ্কীয় তলত উল্লেখ কৰা ঘটনা কিছুমানেও হয়তো দেশবাসীক বিক্ষোভ প্ৰদৰ্শন কৰাৰ পৰা বিৰত কৰিলে-

(১) ৰামদেৱ যোগগুৰু হৈ ৰাজনীতিৰ পথাৰখনত পদার্পণ কৰাৰ চেষ্টা আৰু ৰামদেৱ ১১০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱাৰ লগতে মাহিলি ২৫ ৰপৰা ৩০ কোটি টকা উপাৰ্জনৰ গোন্ধ পাই সৰ্বসাধাৰণ ৰাইজ ৰামদেৱৰ পক্ষ লবলৈ মানসিকভাবে প্রস্তুত হব নোৱাৰিলে।

(২) আৰক্ষী বাহিনী ৰামদেৱৰ ওচৰলৈ যাব বিচৰাত তেওঁ মঞ্চৰপৰা জঁপিয়াই নামি মহিলাৰ মাজত আত্মগোপন কৰি পৰিস্থিতি অধিক জটিল কৰি তোলাত ৰাইজে কথাটো সহজভাবে মানি লবলৈ টান পালে। ৰামদেৱৰ দৰে ব্যক্তি এগৰাকীয়ে একমাত্ৰ প্ৰাণৰ ভয়ৰ দোহাই দি এক লাখ মানুহক বিপদৰ মুখলৈ ঠেলি দিয়াটো কোনো পৰিস্থিতিতেই উচিত হোৱা নাই বুলি বহুতেই উপলব্ধি কৰিছে। ৰামদেৱে সিদিনা যি আচৰণ কৰিছিল, এজন সাধাৰণ নাগৰিকেও হয়তো একমাত্ৰ প্ৰাণৰ ভয়ৰ দোহাই দি তেনেকুৱা আচৰণ নকৰিলেহেঁতেন। নিৰপেক্ষ দৃষ্টিত বিচাৰ কৰিবলৈ গ'লে ৰামদেৱে তেনেকুৱা বিবেচনা বর্হিভূত কার্য কৰাটো কেতিয়াও উচিত হোৱা নাই। তদুপৰি মহিলাৰ ছেলোৱাৰ কামিজ পৰিধান কৰি আত্মগোপন কৰাতকৈ আৰক্ষীৰ হাতত ধৰা দিয়াই হয়তো ৰামদেৱৰ দৰে ব্যক্তি এগৰাকীৰ বাবে অধিক যুক্তিসংগত হলহেঁতেন।

(৩) পেণ্ডেল নিৰ্মাণৰ বাবে ৩ কোটি টকা খৰচ কৰা আৰু পাঁচ হাজাৰ লোক সমৱেত হোৱাৰ অনুমতি লৈ এক লাখ লোক সমৱেত কৰোৱাটোলৈ চাই দুৰ্নীতি বিৰোধী আন্দোলনতকৈ ৰামদেৱৰ মনত যে প্ৰচাৰৰ মানসিকতা সক্ৰিয় হৈ আছিল এই কথাকে প্রতিপন্ন কৰিছে বুলি বহুতে ভাবিবলৈ বাধ্য হৈছে।

(৪) দুর্নীতি বিৰোধী আন্দোলনত দুর্নীতি সম্পর্কে মুঠেই জ্ঞান নথকা শিশুকো আন্দোলনত চামিল কৰাটো হয়তো সৰ্বসাধাৰণ ৰাইজে সহজভাবে 'ব নোৱাৰিলে ।

(৫) এঘাৰ হাজাৰ যুৱক-যুৱতীক অস্ত্র প্রশিক্ষণ দি দুর্নীতিমুক্ত ভাৰত গঢ়িবলৈ সদম্ভে ঘোষণা কৰি পাছত পৰিস্থিতিৰ জটিলতালৈ চাই কথাটো আওপকীয়াভাবে অস্বীকাৰ কৰালৈ চাই ৰামদেৱে যে প্ৰয়োজনত মিছা কথাও কব পাৰে এই কথাও উপলব্ধি কৰিব পাৰিলে সৰ্বসাধাৰণ ৰাইজে।

(৬) ৰামদেৱ এগৰাকী যোগগুৰু। যোগাভ্যাস কৰাৰ সময়ত তেওঁক সদম্ভে ঘোষণা কৰা শুনিছিলো যে তেওঁৰ লিভাৰ, হাৰ্ট তথা কিডনিৰ অসুখ কেতিয়াও নহয়। কিন্তু পাঁচ ছয়দিন অনশনৰ পাছতে তেওঁ আই চি ইউত ভৰ্তি হব লগা হোৱা ঘটনায়ো আমাক কিছু বিমোৰত পেলাইছে।

(৬) ৰামদেৱে প্ৰচাৰ কৰা অনুসৰি বিদেশৰ বেংকত ভাৰতৰ চাৰি লাখ কোটি টকা জমা আছে। কিন্তু ৰামদেৱে এই টকাৰ সন্ধান ক'ৰপৰা পালে জনসাধাৰণৰ মনত তাৰ স্পষ্ট ধাৰণা নাই। গতিকে ৰামদেৱৰ দুৰ্নীতি বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে সৰ্বসাধাৰণ ৰাইজ মানসিকভাবে প্রস্তুত ব নোৱাৰিলে।

সদৌ শেষত কব পাৰি যে যোগগুৰু এগৰাকীয়ে পৰমব্ৰহ্মৰ সন্ধান কৰিবলৈ এৰি ভোগবাদী আচৰণত লিপ্ত হোৱাৰ ফলত ৰামদেৱৰ ভাবমূর্তি বহু

পৰিমাণে ম্লান হৈ পৰিছে। মোৰ দৰে দুই চাৰ্জিনে হয়তো ৰামদেৱক এতিয়াৰপৰা এজন ব্যৱসায়ী হিচাপেহে অধিক গুৰুত্ব দিব।

(এদিনৰ সংবাদ- ০৫-০৭-২০১১)

 

মহম্মদ আলী জিন্নাহৰ জীৱন আৰু দ্বি-জাতি তত্ত্ব।

পাকিস্তানৰ পিতৃস্বৰূপ মহম্মদ আলী জিন্নাহৰ জন্ম ব্ৰিটিছ শাসন কালত মুম্বাই প্রেচিডেন্সীৰ অন্তৰ্গত কৰাচীত ১৮৭৬ চনৰ ২৫ ডিচেম্বৰত। তেওঁৰ দেউতাক জিন্নাহভাই পুঞ্জা কাথিৱাড় তথা গুজৰাটৰ এগৰাকী ধনী ব্যৱসায়ী আছিল। তেওঁ হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ কৰাচীত বসতি স্থাপন কৰিছিল। চাৰি গৰাকী ককায়েক-ভায়েকৰ মাজত জিন্নাহ জ্যেষ্ঠ আছিল। জিন্নাহই দুগৰাকী পত্নীৰ পাণিগ্ৰহণ কৰিছিল। প্রথম গৰাকী পত্নীৰ

পাণিগ্ৰহণ কৰিছিল লণ্ডনলৈ যোৱাৰ আগত ১৮৯২ চনতকিন্তু দুই তিনি বছৰ পাছত প্ৰথম গৰাকী পত্নীৰ মৃত্যু হয় আৰু তেওঁ বহুদিনলৈ বিবাহ নকৰোৱাকৈ থাকে। ১৯১৮ চনত তেওঁ ৰতনী বাঈ নামৰ এগৰাকী ছোৱালীৰ লগত বিবাহপাশত আৱদ্ধ হয়। ১৯১৯ চনত তেওঁৰ একমাত্ৰ সন্তান দীনাৰ জন্ম হয়। ১৯২৮ চনত তেওঁৰ দ্বিতীয় গৰাকী পত্নীও মৃত্যু মুখত পৰে।

জিন্নাহৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল স্থানীয় মাদ্ৰাছা এখনত। কিন্তু পাছত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ কাৰণে তেওঁ মুম্বাইৰ আধুনিক শিক্ষাৰ অনুষ্ঠানত ভর্তি হয়। মাথোন ১৯ বছৰ বয়সত তেওঁ বেৰিষ্টাৰ(বাৰ এট ল) ডিগ্রী লাভ কৰে।

জিন্নাহই ১৮৯৬ চনত কংগ্ৰেছত যোগদান কৰে। নেতৃত্ব আৰু সাংগাঠনিক দক্ষতাৰ বলত কিছুদিনৰ ভিতৰতে তেওঁ কংগ্ৰেছৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিগণিত হৈ পৰে। তেওঁ নিষ্ঠাৱান দেশভক্ত আছিল আৰু বৃত্তিত এগৰাকী উকিল আছিল। উৎকৃষ্ট মেধা আৰু সূক্ষ্ম তৰ্কশক্তিৰ বলত তেওঁ তেতিয়া দেশৰ প্রতিষ্ঠিত উকিলসকলৰ ভিতৰত গণ্য হৈছিল

জিন্নাহ পাশ্চাত্য ধৰণৰ চাল-চলনত অভ্যস্ত আছিল। ধৰ্মীয় জীৱনৰ প্ৰতি তেওঁৰ বিশেষ গুৰুত্ব নাছিল। গোপাল কৃষ্ণ গোখলে তেওঁৰ আদৰ্শ নেতা আৰু সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায় তেওঁৰ ধৰ্মীয় গুৰু আছিল৷ গোখলেৰ নিৰ্দেশত তেওঁ ১৯১৩ চনত মুছলিম লীগত যোগদান কৰিছিল আৰু ১৯১৬ চনত তেওঁ মুছলীম লীগৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। ১৯১৭ চনত তেওঁ মুছলীম লীগৰ কাৰ্যক্ৰম আৰু উদ্দেশ্য কংগ্ৰেছৰ কাৰ্যক্ৰম আৰু উদ্দেশ্যৰ লগত একে বুলি ঘোষণা কৰিছিল আৰু কংগ্ৰছৰ লগত মিলিজুলি কাম কৰিবলৈ সিদ্ধান্ত লৈছিল। ১৯১৪ চনত তেওঁ মুম্বাইৰ আঞ্চলিক কংগ্ৰেছ আৰু ১৯১৭ চনত মুম্বাইৰ আঞ্চলিক হোমৰুল লীগৰ অধ্যক্ষ হিচাপেও মনোনীত হৈছিল।

১৯২০-২১ চনত জিন্নাহই মহাত্মা গান্ধীৰ অসহযোগ আৰু বিলাতী বস্তু বৰ্জন আন্দোলনত যোগদান কৰি সৰ্বভাৰতীয় ৰাজনৈতিক মঞ্চলৈ আহে আৰু কিছুদিনৰ ভিতৰতে দেশৰ সৰ্বোচ্চ নেতাসকলৰ এগৰাকী ৰূপে নিজকে প্রতিষ্ঠিত কৰে। জিন্নাহই আইন ভংগ আন্দোলন সমর্থন নকৰিছিল আৰু খিলাফত আন্দোলনক সাম্প্রদায়িক আন্দোলন বুলি ভাবিছিল। কিন্তু কংগ্ৰেছ তথা গান্ধীজীয়ে খিলাফত আন্দোলন সমর্থন কৰিছিল। ফলত তেওঁ কংগ্ৰেছৰপৰা বিচ্ছিন্ন হৈ পৰিছিলসেয়ে তেওঁ ১৯২৩ আৰু ১৯৩৪ চনৰ নিৰ্বাচনত নিৰ্দলীয় প্রার্থী হিচাপে কেন্দ্ৰীয় বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল। দুবাৰেই তেওঁ বিপক্ষ দলৰ নেতাৰ ভূমিকা পালন কৰিছিল। ১৯৩৬ চনত তেওঁ অবিভক্ত ৰাষ্ট্ৰ আৰু সংযুক্ত নির্বাচন মণ্ডলৰ কাৰণে প্ৰয়াস কৰিছিল। ১৯৩৭ চনত আঞ্চলিক বিধানসভাৰ নিৰ্বাচনৰ পাছত জিন্নাহই মুছলিম লীগক মুছলমানৰ একমাত্র প্রতিনিধি সংস্থা হিচাপে স্বীকাৰ কৰে আৰু উত্তৰ প্ৰদেশৰ কংগ্ৰেছ চৰকাৰত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। এই সিদ্ধান্তই শেষত দেশ বিভাজন আৰু পাকিস্তান নামৰ নতুন ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰে।

ৰাজনৈতিক জীৱনৰ ৩৮ বছৰ কাল জিন্নাহই অবিভক্ত ৰাষ্ট্ৰ আৰু সংযুক্ত নির্বাচন পদ্ধতি সমর্থন কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰপৰা তেওঁ ভাৰত বিভাজনৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায়।

১৯৪০ চনৰ ২৩ মাৰ্চত জিন্নাহৰ অধ্যক্ষতাত লাহোৰত মুছলীম লীগৰ অধিৱেশন অনুষ্ঠিত হয়। উক্ত অধিৱেশনত তেওঁ অধ্যক্ষৰ ভাষণত কৈছিল- হাজাৰ বছৰ নিকট সম্পৰ্কত বাস কৰাৰ পাছতো যি দুই সম্প্রদায় প্রথমৰ পৰাই এতিয়ালৈকে একগোট হব পৰা নাই, আগৰ দৰে পৃথক হৈয়ে আছে, তেওঁলোকে গণতান্ত্রিক ব্যৱস্থাৰ অধীনত, যি কাম ব্ৰিটিছসকলে ড্ৰেশ বছৰে কৰিব পৰা নাই, সেই কাম গণতান্ত্রিক চৰকাৰে কাৰ্যকৰী কৰাটো অসম্ভৱ। সেনা শক্তি প্রয়োগ নকৰাকৈ ভাৰতীয় উপ-মহাদেশৰ সমুদায় সম্প্রদায়ে নিষ্ঠা তথা স্বেচ্ছাপূৰ্বকভাবে চৰকাৰৰ আদেশক সন্মান প্ৰদৰ্শন কৰিব বুলি আশা কৰিব নোৱাৰি।'

তেওঁ ভাষণত আৰু কৈছিল- ইছলাম আৰু হিন্দুত্ব মাথোন দুটা ধৰ্মই নহয়, বৰং হিন্দু আৰু মুছলমান দুই পৃথক সামাজিক প্ৰথা আৰু বেলেগ বেলেগ সাহিত্য-সংস্কৃতিৰ লগত সম্পৰ্ক ৰাখি চলে। তেওঁলোকে নিঃসন্দেহে এনেকুৱা দুই সভ্যতাৰ লগত সম্পৰ্ক ৰাখি চলে- যিবোৰ পৰস্পৰবিৰোধী তথা দুই পৰস্পৰ বিপৰীত সিদ্ধান্তৰ ওপৰত আধাৰিত। জীৱন সম্পর্কেও দুই সম্প্ৰদায়ৰ দৃষ্টিকোণ পৃথক। উভয় সম্প্ৰদায়ৰ বীৰ পুৰুষ পৃথক। এটা সম্প্ৰদায়ৰ বীৰ আনটো সম্প্ৰদায়ৰ শত্ৰু। উপখ্যান পৃথক। এনেকুৱা দুই সংখ্যাগুৰু আৰু সংখ্যালঘু সম্প্ৰদায়ক এখন ৰাষ্ট্ৰৰ ভিতৰত আৱদ্ধ কৰাৰ পৰিণাম হ, তেওঁলোকৰ মাজত উত্তৰোত্তৰ বৃদ্ধি পোৱা অসন্তোষক ইন্ধন যোগোৱা তথা যি আধাৰৰ ভিত্তিত শাসন প্রতিষ্ঠিত হ, সেই আধাৰক বিনষ্ট কৰা।

তেওঁ আৰু কৈছিল- হিন্দুস্তানৰ সমস্যাৰ স্বৰূপ মাথোন সাম্প্রদায়িক নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় সমস্যা। যেতিয়ালৈকে এই বুনিয়াদী সত্য উপলব্ধি কৰিব পৰা নাযাব, তেতিয়ালৈকে যেনেকুৱা সংবিধানেই প্ৰণয়ন কৰা নহওঁক কিয়, মাথোন ঘোৰ বিপত্তিহে ইয়াৰ পৰিণাম হব। এয়া মাথোন মুছলমানৰ কাৰণেই নহয়, বৰং হিন্দুৰ কাৰণেও বিনাশাত্মক হব। যদি ব্ৰিটিছ চৰকাৰে বাস্তৱতে এই উপমহাদেশীয় জনসাধাৰণৰ কাৰণে সুখ-শান্তি সুনিশ্চিত কৰিব বিচাৰে, তেনেহ'লে হিন্দুস্তানৰ স্বতন্ত্র জাতীয় ৰাজ্যসমূহ বিভাজন কৰি মুখ্য ৰাষ্ট্ৰৰ কাৰণে দুখন পৃথক ৰাষ্ট্ৰ গঠনেই হব এই সমস্যা সমাধানৰ একমাত্ৰ বিকল্প পন্থা।'

ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰিছিল—— মুছলমানসকল সংখ্যালঘূ নহয়। তেওঁলোকে এখন ৰাষ্ট্ৰৰ পৰিভাষা অনুসৰি এখন পৃথক ৰাষ্ট্ৰ পোৱাৰ বাবে উপযুক্ত। সেয়েহে তেওঁলোকে এখন নিজস্ব দেশ তথা ৰাষ্ট্ৰ পোৱা উচিত। এখন স্বতন্ত্ৰ ৰাষ্ট্ৰৰ নাগৰিক হিচাপেই আমি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত শান্তি, সদ্ভাৱ

ৰক্ষা কৰি বসবাস কৰিব বিচাৰোঁ। ইয়াৰ তাৎপৰ্য হ, আমাৰ মানুহে যাতে নিজৰ আদৰ্শ তথা প্রবৃত্তি অনুসৰি আধ্যাত্মিক আৰু নৈতিক জীৱনত সম্পূৰ্ণৰূপে বিকশিত হব পাৰে। এয়া আমাৰ দাবী আৰু নিজৰ সম্প্ৰদায়ৰ হিতৰ কাৰণে এই কাৰ্য কৰাটো আমাৰ নৈতিক কর্তব্য। আমি এনেকুৱা এক গৌৰৱময় তথা শান্তিপূর্ণ সমাধান সূত্ৰ সন্ধান কৰা উচিত--- যি সমাধান সূত্ৰ আটাইৰে কাৰণে মংগলকামী, ন্যায়সংগত হ'ব পাৰে। কোনো ধৰণৰ ভাবুকি তথা ভয় প্ৰদৰ্শন কৰি কোনেও যাতে আমাক নিজৰ উদ্দেশ্যৰপৰা বিৰত কৰিব নোৱাৰে। সেয়ে আমি যিকোনো ধৰণৰ কঠিন সমস্যাৰ সন্মুখীন হ পৰাকৈ সাজু থকা উচিত আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে সেইবোৰ বৰ্জন কৰা উচিত--যিবোৰ বৰ্জন কৰাটো অতি আৱশ্যক।' এয়াই আছিল জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ সংজ্ঞা।

উক্ত অধিৱেশনৰ দ্বিতীয় দিনা অর্থাৎ ১৯৪০ চনৰ ২৪ মাৰ্চত মুছলিম লীগ কাউন্সিলে জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ প্ৰস্তাৱ অনুমোদন কৰি মুছলমানৰ কাৰণে পৃথক দেশ তথা ৰাষ্ট্ৰ দাবীৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিলে। এই দাবীৰ জৰিয়তে মুছলমানসকলে নিখিল ভাৰতীয় সংঘৰ সিদ্ধান্ত অস্বীকাৰ কৰিলে। তেওঁলোকে ঘোষণা কৰিলে যে এনেকুৱা সাংবিধানিক যোজনা এই দেশত কাৰ্যকৰী হ'ব নোৱাৰে--- যাৰ নিৰ্মাণ নিন্মলিখিত সিদ্ধান্তৰ আধাৰত কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হোৱা নাই-

 (ক) ভৌগোলিক দৃষ্টিকোণৰ ফালৰপৰা ইঁদলে সিদলৰ সমীপস্থ গোটসমূহৰ এনেকুৱা ক্ষেত্ৰ নিশ্চিত কৰা হওঁক-- য'ত আৱশ্যকীয় সালসলনিৰ পাছত মুছলমানসকল সংখ্যাগুৰু হব পাৰে। উদাহৰণ স্বৰূপে পশ্চিমোত্তৰ আৰু পূৰ্বোত্তৰ ক্ষেত্ৰৰ কথা উল্লেখ কৰিব পাৰি।

(খ) এইদৰে নিৰ্মিত ৰাজ্য, গোট আৰু ক্ষেত্ৰৰ সংবিধানত সংখ্যালঘুৰ কাৰণে ধাৰ্মিক-আর্থিক আৰু প্ৰশাসনিক আৰু বেলেগ প্রশাসনিক বিষয়াৰ কাৰণে পর্যাপ্ত সংৰক্ষণৰ ব্যৱস্থা কৰা হওঁক।

বাংলাৰ প্ৰধান মন্ত্ৰী ফজলুল হকে প্রস্তাৱ আগবঢ়ালে-- নিখিল ভাৰতীয় সংঘৰ প্ৰস্তাৱ মাথোন স্থগিত কৰিলইে নহ, বৰং তাক ত্যাগো কৰিব লাগিব। মুছলমানসকল যত সংখ্যাগুৰু সেইবোৰ ক্ষেত্ৰতো মুছলমানসকলৰ অৱস্থা শোচনীয়, তথাপি তেওঁলোকে অমুছলমানৰ লগত প্ৰতিযোগিতা কৰিব লগা হয়।' মুছলমানসকল যথেষ্ট সবল আৰু তেওঁলোকে বিভাজন দাবী কৰা উচিত নহয় বুলি আবুল কালাম আজাদে যি যুক্তি দাঙি ধৰিছিল, তেওঁ এই প্ৰস্তাৱৰ জৰিয়তে সেই যুক্তি খণ্ডন কৰিলে। সীমান্ত প্ৰদেশৰ চৰ্দাৰ খান আব্দুল গফুৰ খানে উল্লিখিত প্ৰস্তাৱটো সমৰ্থন কৰি ক'লে যে, সংখ্যাগুৰু হিন্দু এলেকাত বসবাস কৰা মুছলমানৰ কাৰণে সীমান্ত এলেকাত বসবাস কৰা মুছলমানসকলে নিজৰ জীৱন পর্যন্ত কোৰবানি দিবলৈ প্ৰস্তুত। সংখ্যাগুৰু হিন্দু এলেকাত বসবাস কৰা মুছলমানসকলক বেলুচিস্তানৰ ইছা খানে আশ্বাস দিলে যে স্বাধীনতাৰ পাছতো সংখ্যাগুৰু এলেকাৰ মুছলমানসকলে সংখ্যালঘু এলেকাৰ মুছলমানসকলক পাহৰি নাযাব আৰু তেওঁলোকক সহায়ৰ কাৰণে সদায় সাজু হৈ থাকিব। সিন্ধু এলেকাৰ হাৰুণে হিন্দুসকলক সঁকীয়াই দিলে যে যদি হিন্দু প্রধান এলেকাত মুছলমানৰ লগত ভাল ব্যৱহাৰ কৰা নহয়, তেনেহ'লে মুছলিম প্রধান এলেকাত হিন্দুৰ লগত এনেকুৱা ব্যৱহাৰ কৰা হ, ঠিক হিটলাৰে যেনেকুৱা ব্যৱহাৰ ইহুদীসকলৰ লগত কৰিছিল।

মুম্বাইৰ চুনন্দগীৰে কলে যে, হিন্দুস্তান সন্মিলিত হৈ থাকিলে মুছলমানসকল হতাশাজনকভাবে সংখ্যলঘু হৈ পৰিব আৰু এই ব্যৱস্থা আমি স্বীকাৰ নকৰোঁ। তামিলনাডুৰ হামাদ খানে আশা ব্যক্ত কৰিলে যে মুছলীম লীগে যেতিয়া নতুন সংবিধান প্রণয়ন কৰিব, তেতিয়া ভাৰতত ৰৈ থকা সংখ্যালঘু মুছলমানক তাৰ ওপৰত আলোচনা কৰাৰ বাবে সুযোগ দিব লাগিব। কংগ্ৰেছৰ প্ৰবীণ নেতা খালিকুজ্জামান, মৌলনা জাফ আলী খান আৰু মহম্মদ আলমে কংগ্ৰেছক সমালোচনা কৰি ক'লে যে, কংগ্ৰেছ স্বাধীনতা লাভৰ বাবে ইচ্ছুক নহয়, তেওঁলোকে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰে। তেওঁলোকে ব্ৰিটিছৰ অধীনত হিন্দু ৰাষ্ট্ৰহে গঠন কৰিব বিচাৰিছে আৰু কংগ্ৰেছ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈছে। খালিকুজ্জামানে কলে যে, যদি কংগ্ৰেছে এনেকুৱা কাৰ্যত লাগি থাকে, তেনেহ'লে হিন্দুস্তানত গৃহযুদ্ধ হ'ব আৰু যিসকল মুছলমানে নিজৰ ধৰ্মাৱলম্বী লোকৰ ক্ষতি কৰি আছে, তেওঁলোকে মাথোন বর্তমান বংশধৰসকলৰে নহয়, বৰং ভৱিষ্যত বংশধৰসকলৰ লগতো বিশ্বাসঘাতকতা কৰি আছে।

এইদৰেই ক্ষোভ প্রকাশ কৰি জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ সংজ্ঞা সমৰ্থন কৰা হৈছিল আৰু ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত ভাৰতবৰ্ষক জৰাসন্ধৰ দৰে ফালি দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰা হৈছিল। ফলত দ্বি-জাতি তত্ত্বৰ সংজ্ঞা প্ৰথম উত্থাপন কৰাৰ ফলত দেশ বিভাজনৰ কাৰণে জিন্নাহকে মূলতঃ দায়ী কৰা হয়।

৩৮ বছৰ কংগ্ৰেছৰ নীতি-আদৰ্শক সমর্থন কৰি অহা জিন্নাহই কি কাৰণত দ্বি-জাতি তত্ত্বৰ সংজ্ঞা উত্থাপন কৰিব লগা হৈছিল আৰু চিৰদিন কংগ্ৰেছৰ নীতি-আদৰ্শক সমৰ্থন কৰি অহা কংগ্ৰেছৰ অন্যান্য নেতাসকলে কি কাৰণত জিন্নাহৰ দ্বি-জাতি তত্ত্বক সমৰ্থন কৰিছিল, ইয়াৰ সঠিক মূল্যায়ন হলে দেশ বিভাজনৰ কাৰণে কোনবোৰ কাৰক মূলতঃ দায়ী আছিল তাৰ এখন সঠিক প্রতিচ্ছবি নিশ্চয় দেখিবলৈ পোৱা গ'লহেঁতেন। কিন্তু এষাৰ কথা ঠিক যে, সত্তৰ বছৰ আগত জিন্নাহই দ্বি-জাতি তত্ত্ব সম্পর্কে যিবোৰ যুক্তি দাঙি ধৰিছিল, সেইবোৰ কাৰকেই যেন আজিও আমাৰ সমাজ তথা ৰাজনৈতিক জীৱনত বিষবাষ্প বিয়পাই আছে। এয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনৰ বাবে লাজৰ কথা নহয়নে বাৰু? কিন্তু জিন্নাহই যি সপোন লৈ দেশ বিভাজন কৰিছিল, তেওঁৰ সেই সপোন দিঠকত পৰিণত হোৱা নাছিল। তেওঁ পাকিস্তানক আধুনিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিল আৰু মুছলীমলীগৰ নাম পৰিৱৰ্তন কৰি পাকিস্তান নেচনেল লীগ নামেৰে নামকৰণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। জিন্নাহৰ এই প্ৰস্তাৱত মুছলিম লীগৰ অন্যন্য নেতৃবৰ্গ তথা দেশৰ জনগন তেওঁৰ লগত সহমত প্ৰকাশ কৰা নাছিল। কাৰণ পাকিস্তানৰ নেতৃবৰ্গ আৰু জনগণে মৌলবীসকলৰ পক্ষহে সমৰ্থন কৰিছিল। কাৰণ তেওঁলোক পাকিস্তানক ইছলামী ধর্মতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোনত বিভোৰ হৈ আছিল। নিজৰ প্ৰচেষ্টাত বিফল হৈ ১৯৪৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে জিন্নাহই শেষনিশ্বাস ত্যাগ কৰে।

(এদিনৰ সংবাদ-১৬ মার্চ-২০১১)

 

বংগীয় মূলৰ মুছলমান (প্ৰব্ৰজন আৰু জীৱনধাৰা)

প্ৰব্ৰজন প্রাণী জগতৰ চিৰন্তন প্ৰথা। ৰাজনৈতিক, অর্থনৈতিক, প্রাকৃতিক আদি কাৰণত অনাদি কালৰে পৰা প্ৰব্ৰজনৰ সোঁত চলি আহিছে। জলবায়ু পৰিৱৰ্তন, খাদ্যবস্তু আদিৰ অপ্রতুলতাৰ কাৰণে কেৱল মানুহেই নহয়, পশু-পক্ষী আদিৰো অহৰহ প্ৰব্ৰজন হৈ আছে। প্ৰব্ৰজনৰ ফলতেই সৌসিদিনালৈকে অজ্ঞাত হৈ থকা আমেৰিকা আজি বিশ্বৰ দৰবাৰত শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা অজ্ঞাত বহু দেশ আজি একমাত্ৰ প্ৰব্ৰজনৰ ফলতেই বিশ্বৰ মানচিত্ৰত সুসভ্য দেশ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। হিমালয় পর্বতমালাৰ উত্তৰে বসবাস কৰি থকা জনগোষ্ঠীসমূহেও এসময়ত প্ৰচণ্ড শীতৰ প্ৰকোপত পৰি ইৰাণ, ইৰাক আদি দেশ লৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। এই জনগোষ্ঠীসমূহৰে কিছুসংখ্যকে আকৌ লাহে লাহে ভাৰতবৰ্ষত প্ৰৱেশ কৰি ভাৰতৰ পশ্চিম অঞ্চলসমূহত বসবাস কৰিবলৈ লয় আৰু এওঁলোকক ভাৰতৰ মানুহে আদৰি লয়৷ এওঁলোক ভাৰতৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক দিশত অৰিহণা যোগাই কালত ভাৰতৰ অবিচ্ছেদ্য জাতি ৰূপে পৰিগণিত হয়।

অসমলৈও বিভিন্ন সময়ত, বিভিন্ন কাৰণত বিভিন্ন প্ৰজাতিৰ লোক প্ৰব্ৰজন কৰি আহিছে আৰু এওঁলোকৰ সংমিশ্ৰণতে বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। প্রত্ন-প্ৰস্তৰ যুগত অসমত মানুহ বসবাস কৰাৰ কোনো বস্তুনিষ্ঠ প্রমাণ নাই। সেয়েহে কব পৰা যায় যে অসমৰ সমূহ বাসিন্দা ঘাইকৈ প্ৰব্ৰজনকাৰীনৱ-প্ৰস্তৰ যুগত নিষাদ, কিৰাত, আলপাইন, নর্ডিকসকল প্ৰব্ৰজন কৰি আহিছিল। ভুঞা সম্প্ৰদায়ৰ মানুহ অসমলৈ প্ৰব্ৰজন কৰি আহি হাজো অঞ্চলত বসতি স্থাপন কৰিছিল। মুছলমানসকলে অসমলৈ প্ৰব্ৰজন কৰিছিল ১২০৬ খ্ৰীষ্টাব্দৰ পাছৰ পৰা। মুছলমানৰ কামৰূপ আক্ৰমণৰ ফলস্বৰূপে মুছলমানৰ এই প্ৰব্ৰজন হৈছিল।

ভাৰতবৰ্ষৰ অধিকাংশ মুছলমানেই ধর্মান্তৰিত মুছলমান। এই কথা সকলোৰে বিদিত যে, আজিৰ পৰা প্ৰায় চৈধ্যশ বছৰ আগতেহে ইছলাম ধৰ্ম প্ৰৱৰ্তন হৈছে। হজৰত মহম্মদ(ছাঃ)ৰ জীৱন কালত ইছলাম আৰৱ দেশসমূহতে সীমাৱদ্ধ হৈ আছিল। হজৰত মহম্মদ (ছাঃ)ৰ তিৰোভাৱৰ অব্যবহতি কালৰ ভিতৰত ছিৰিয়া, পেলেষ্টাইন, তুর্কীস্থান, আফগানিস্থান, ইজিপ্ত, উত্তৰ আফ্ৰিকা আদি ঠাইসমূহত ইছলাম ধৰ্ম প্ৰচাৰ হয়। ভাৰতবৰ্ষত ইছলাম ধৰ্ম প্ৰচাৰৰ কাৰণে চেষ্টা চলোৱা হৈছিল যদিও ধৰ্ম প্ৰচাৰকসকল বহুদিনলৈকে এই কার্যত সফল হব পৰা নাছিল। অষ্টম শতিকাৰ আগভাগত ৭১২ খ্ৰীষ্টাব্দত আৰবৰ খলিফাই মহম্মদ কাচিমক সিন্ধুদেশ জয় কৰিবলৈ প্ৰেৰণ কৰে। তেওঁ সিন্ধুদেশৰ ৰজা ডাহিৰক পৰাজিত কৰি নিহত কৰে। সিন্ধুদেশ জয় কৰাৰ পাছত কাচিমে মুলতান অধিকাৰ কৰি ৭২২ খ্ৰীষ্টাব্দত ভাৰত (বর্তমান পাকিস্তান)ত মুছলমান সাম্ৰাজ্যৰ ভেটি স্থাপন কৰে। তেতিয়াৰ পৰাই ভাৰতত ইছলাম ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ হয়। উত্তৰ-পূব ভাৰতলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটিছিল ইয়াৰ বহু পাছত।

১২০৬ খ্ৰীষ্টাব্দত বতিয়াৰ খিলজিৰ তিব্বত আক্ৰমণৰ সময়তহে উত্তৰ-পূব ভাৰতলৈ মুছমানৰ আগমন হয়। তেতিয়া উত্তৰ-পূব ভাৰত বুলিলে বংগ, বিহাৰ আৰু উৰিষ্যাক বুজাইছিল। কাৰণ কামৰূপ বা বৰ্তমানৰ অসম তেতিয়া ভাৰতৰ অংগৰাজ্য নাছিল। এইসকল মুছলমানৰ জৰিয়তেই তেতিয়া উত্তৰ-পূব ভাৰতত ইছলাম ধৰ্মৰ ব্যাপক প্ৰচাৰ হয়। এই ক্ষেত্ৰত হিন্দু ব্ৰাহ্মণসকলৰ ধৰ্মীয় গোড়ামীয়ে টনিকৰ দৰে কাম কৰিছিল। কাৰণ হিন্দু ব্ৰাহ্মণসকলে মানুহক সাধাৰণ কথাতে ধৰ্মচ্যুত আৰু জাতিচ্যুত কৰাটো আছিল সাধাৰণ ঘটনা। কালাপাহাৰ, নবাব জালালুদ্দিন, মুর্শিদকুলি খানে একমাত্ৰ মুছলমান ছোৱালীৰ পাণিগ্ৰহণৰ বাবেই ধর্মচ্যুত হব লগা হৈছিল। তদুপৰি ধৰ্মীয় বাধা-নিষেধৰ জৰিয়তে সাধাৰণ শ্রেণী লোকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা বাবে বহুতো হিন্দু ধৰ্মাৱলম্বী লোক অপেক্ষাকৃত সহনশীল ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল। এই কথাই প্রমাণ কৰে যে, আৰব, ইৰাণ, ইৰাকৰ পৰা প্ৰব্ৰজিত মুছলমানৰ বাহিৰে ভাৰতৰ অধিকাংশ মুছলমানেই হিন্দু সম্প্ৰদায়ৰ সন্তান-সন্ততি। মহম্মদ আলি জিন্নাহও ধর্মান্তৰিত মুছলমানৰ সন্তান। তেতিয়াৰ বংগ, বিহাৰ, উড়িষ্যাৰ অধিকাংশ মুছলমানেই হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান। মহাত্মা গান্ধীয়ে মতপোষণ কৰিছিল যে, ভাৰতবৰ্ষৰ অল্প সংখ্যক মুছলমানৰ বাহিৰে বৃহৎ সংখ্যক মুছলমানে ধর্মান্তৰিত মুছলমান।তেওঁলোক ভাৰতীয় বংশোদ্ভৱ। সেয়েহে আজিও পূজা-পাতল দেখিলে বহুতো মুছলমানৰ গা নাচি উঠে আৰু হিন্দু সম্প্ৰদায়ৰ বিভিন্ন ধর্মীয় অনুষ্ঠানত দলে দলে অংশ গ্ৰহণ কৰি তৃপ্তি লাভ কৰে। সৌসিদিনালৈকে বহুতো অনভিজাত মুছলমানৰ নাম হিন্দু আৰ্হিত ৰখা হৈছিলবহুতে ধুতি পিন্ধিছিল।

কৰ্ণৱালিচৰ চিৰস্থায়ী বন্দোৱস্তৰ ফলত ওঠৰশ শতিকাৰ শেষ ভাগত ভাৰতত জমিদাৰী প্ৰথা সৃষ্টি হয়। বংগদেশতো এইদৰে জমিদাৰী প্রথা সৃষ্টি হৈছিল। নাঙল আছিল কৃষকৰ আৰু মাটি আছিল জমিদাৰৰ। জমিদাৰসকলৰ শাসন-শোষণৰ ফলত এটা সময়ত কৃষকসকল আৰ্থিক আৰু মানসিকভাবে বিপর্যস্ত হৈ পৰে। জমিদাৰসকলে মাথোন কৰ আৰোপ কৰিয়ে ক্ষান্ত থকা নাছিল। তেওঁলোকে খাজনাৰ উপৰিও আমোদ-প্রমোদৰ কাৰণে আবওয়াবনামৰ এক প্ৰকাৰ কৰ আদায় কৰি কৃষকসকলক আর্থিকভাবে শোষণ কৰিছিল। দুবলহাটীৰ হাচাই গাড়ীৰ আস্তান মোল্লাহ আৰু কুষ্টিয়াৰ চামচুদ্দিন আহমদৰ নেতৃত্বত পৰিচালিত প্ৰজা বিদ্রোহ আছিল এই শাসন-শোষণৰে ফল। জমিদাসকলে

এই প্রজা বিদ্রোহ ব্ৰিটিছসকলৰ সহায়ত কঠোৰ হাতেৰে দমন কৰিছিল। ইংলেণ্ডত যেতিয়া শিল্প বিপ্লৱ আৰম্ভ হয় তেতিয়া ভাৰতবৰ্ষকো সেই বতাহে স্পৰ্শ কৰে। কৃষকসকলক এশিকনি দিয়াৰ বাবে জমিদাৰসকলে ট্ৰেক্টৰ কিনি গাঁৱৰ পাছত গাঁৱৰ কৃষকৰ মূৰত বেকাৰত্বৰ বোজা জাপি দিয়ে। কৃষকৰ পৈতৃক সম্পত্তি খেতিৰ মাটি সিহঁতৰ হাতৰপৰা কাঢ়ি লোৱা হয়। ইয়াৰ সমান্তৰালভাবে ব্ৰিটিছ চৰকাৰেও ইংলেণ্ডৰ কল- কাৰখানাসমূহত উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে ভাৰতীয় সামগ্ৰীসমূহৰ ওপৰত উচ্চহাৰত কৰ জাপি দিয়ে। চেনি প্রস্তুতৰ খৰচৰ ওপৰত শতকৰা ২০০ টকালৈকে শুল্ক বহুৱালে। ইতিহাসবিদ ৰমেশ মজুমদাৰৰ মতে ৰেচম আৰু কপাহী বস্ত্ৰত লাভ ৰাখিও ভাৰতীয় তাঁতীসকলে বিলাতী বস্ত্ৰতকৈ শতকৰা ৫০ টকাৰপৰা ৬০ টকা কম দামত বিক্ৰী কৰিব পাৰিছিল। গতিকে বিলাতী বস্ত্ৰক সুৰক্ষা প্ৰদানৰ কাৰণে ভাৰতীয় বস্তুৰ ওপৰত শতকৰা ৭০ টকাৰ পৰা ৮০ টকালৈকে শুল্কাৰোপ কৰা হৈছিল। ঢাকাৰ বিশ্ববিখ্যাত মচলিন কাপোৰৰ কাৰিকৰসকল এই শুল্কাৰোপৰ ফলত বিশেষভাবে ক্ষতিগ্রস্ত হয়। পূর্ববংগত তেতিয়া অভিজাত আৰু অনভিজাত এই দুই শ্ৰেণীৰ মুছলমান আছিল। জমিদাৰ আৰু ব্ৰিটিছ চৰকাৰৰ শাসন-শোষণৰ ফলত অনভিজাত শ্ৰেণীটোৱে বিশেষভাবে ক্ষতিগ্রস্ত হৈছিল। ফলত চৰকাৰৰ ১৮৮১ চনৰ মৈমনচিঙীয়া আইন আৰু ১৮৮৬ চনৰ কৃষি আইন মৰ্মে ব্ৰিটিছ চৰকাৰৰ পৃষ্ঠপোষকতাত মাটিৰ সন্ধানত পূৰ্ববংগৰ পৰা বহু শোষিত মুছলমান অসমলৈ উঠি আহে।

অসমৰ বেছিভাগ অঞ্চলেই তেতিয়া ঘন অৰণ্যৰে ভৰা আছিল। জনসংখ্যা আছিল সেৰেঙা। এক তথ্য অনুসৰি ১৮২৪ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসমৰ মুঠ জনসংখ্যা আছিল মাথোন ৮ লাখ। আনহাতে মাটিৰ অভাৱ নাছিল। হাবি কাটি শস্য সিঁচিলেই মোণে মোণে ধান উৎপাদন হৈছিল। অসমত জমিদাৰৰো কোনো প্রভাৱ নাছিল। গতিকে পূৰ্ববংগৰ ভূমিহীন কৃষকসকল এমুঠি ভাত শান্তিৰে খোৱাৰ আশাত পদব্ৰজে, সৰু সৰু নাৱেৰে, দুই পইচা থকাসকলে ফেমিলি বেনিফিটকাৰ্ড লৈ ৰে', জাহাজ আদিৰে অসম লৈ ঢাপলি মেলে। নাও, আৰু খোজকাঢ়ি অহা মানুহবিলাকৰ বেছিভাগেই ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহত আৰু ৰে'লেৰে অহা বিলাকে ভিতৰুৱা অঞ্চলসমূহত আশ্ৰয় ললে। এই আন্তঃপ্ৰব্ৰজনৰ সোঁত প্রথম মহাসমৰৰপৰা আৰম্ভ কৰি দ্বিতীয় মহাসমৰৰ আগলৈকে অব্যাহত আছিল। এইসকল মুছলমান আর্থিকভাবে অনগ্ৰসৰ হলেও কৃষিকাৰ্যত পাৰ্গত আছিল। কঠোৰ পৰিশ্ৰমেৰে মাটিৰ বুকুত প্ৰাণৰ সঞ্চাৰ কৰিব জানিছিল। গতিকে এই কঠোৰ পৰিশ্ৰমী মানুহবিলাকে হাবি কাটি জংঘল চাফা কৰি অসমী আইক শস্য-শ্যামলা কৰি তুলিলে। খিলঞ্জীয়াসকলেও এইসকল মুছলমানৰ পৰা কৃষিকাৰ্যৰ বাবে জৰুৰী নতুন নতুন কৌশল শিকিবলৈ ধৰিলে আৰু এই মুছলমানসকলক বন্ধু, সখী বুলি আদৰি ললে। সাৰুৱা মাটি আৰু খিলঞ্জীয়া অসমীয়া হিন্দুৰ বন্ধুসুলভ ব্যৱহাৰৰ ফলত এইসকল মুছলমানে পূৰ্বপুৰুষৰ ভাষা-সংস্কৃতিৰ মোহ এৰি অসমীয়া ভাষা- সংস্কৃতিক আঁকোৱালি লৈ সাজ-পোচাক, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আদিত অসমীয়াৰ লগত মিলি যাবলৈ যত্নপৰ হৈ উঠিল৷ তেওঁলোক মূলতঃ বাংলা ভাষী আছিল যদিও বাংলাৰ পৰিৱৰ্তে গাঁৱে গাঁৱে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি শিক্ষা গ্ৰহণত মনোনিৱেশ কৰিলে। অসমীয়া মাধ্যমত সাহিত্য চৰ্চা কৰিবলৈ ধৰিলে। শোধনাগাৰ আন্দোলন আৰু ভাষা আন্দোলনত খিলঞ্জীয়াসকলৰ লগত মিলি শোভাযাত্রা, হৰতাল আদিত অংশ গ্ৰহণ কৰিলে। শিক্ষিতসকলে নিজৰ সন্তানক বাংলাৰ পৰিৱৰ্তে অসমীয়া শিকালে। এইবোৰ ত্যাগৰ বিনিময়ত এইসকল মুছলমানে ন-অসমীয়া বিশেষণ পালে।

বিভেদ আৰু শাসনএয়াই আছিল ব্ৰিটিছ শাসকসকলৰ মূলনীতি। ব্ৰিটিছসকলে শাসন ভাৰ গ্ৰহণ কৰিয়ে ভাৰতবৰ্ষৰ ইতিহাস বিকৃত কৰাৰ কাৰণে উঠি-পৰি লাগিছিল। ইতিহাস বিকৃত কৰাৰ কাৰণে মিষ্টাৰ জোন্সৰ সভাপতিত্বত এছিয়াটিক ছোচাইটি নামক এক সংস্থা গঠন কৰা হৈছিল। উক্ত সংস্থাই ২৫ বছৰ কঠোৰ পৰিশ্ৰম কৰি বিকৃত ইতিহাস সৃষ্টি কৰে। তাত দেখুৱা হয় যে হিন্দুসকলৰ প্রাচীন ঐতিহ্য আছিল আৰু সেইবোৰ মুছলমান শাসন কালত কালৰ বুকুত বিলীন হৈ গৈছে। মুছলমান শাসকসকলে হিন্দু জনসাধাৰণৰ ওপৰত নানা অন্যায়- অত্যাচাৰ কৰিছে, তেওঁলোকৰ সংস্কৃতি ধ্বংস কৰিছেইতিহাস বিকৃতিৰ জৰিয়তে ব্ৰিটিছসকলে এইবোৰ কথাকে প্রতিপন্ন কৰিবলৈ যত্নপৰ হৈ উঠিছিল৷ জৱাহৰলাল নেহৰুৱে ভাৰতৰ ইতিহাস যথাবিহিতভাবে লিপিবদ্ধ কৰা হোৱা নাই বুলি মন্তব্য কৰি লেখি থৈ গৈছে- ভাৰতীয়সকলে ব্ৰিটিছ ৰচিত ইতিহাস প্রামাণ্য বুলি স্বীকাৰ কৰি ল'ব পৰা নাই....এই মিথ্যাশ্রয়ী ইতিহাসে ভাৰতৰ অতীত গৌৰৱ পদে পদে ক্ষুণ্ন কৰিছে। যিসকলক আমি চিৰদিন সন্মান কৰি আহিছো, সেইসকল প্রাতঃস্মৰণীয়ক অৱমাননা কৰিছে আৰু মিছা ভাষণৰ ওপৰত ব্ৰিটিছ ৰাজত্বৰ গৌৰৱময় গাঁথা ৰচনা কৰিছে।

এই ইতিহাস বিকৃতিৰ প্ৰধান কাৰণ আছিলভাৰতবৰ্ষ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ সমন্বয়ত গঢ় লৈ উঠা এক বিচিত্র দেশ। সেয়ে এই দুই সম্প্ৰদায়ৰ মাজত বিভাজন আনিব নোৱাৰিলে ভাৰতত শাসন-শোষণৰ তাণ্ডৱ বেছিদিন চলাই থাকিব নোৱাৰিব বুলি তেওঁলোকে মনে-প্রাণে বিশ্বাস কৰিছিল। গতিকে ইতিহাস বিকৃতিৰ জৰিয়তে ভাৰতবৰ্ষখন যে এক ভাৰতীয় জাতিৰ ভাৰত নহয়, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ ভাৰত এই কথাকে প্রমাণ কৰিব খুজিছিলএই কার্যত ব্ৰিটিছসকল আশাতীত ৰূপে সফলো হৈছিল। ভাৰতৰ স্বাধীনতা লাভৰ প্ৰাকমুহূৰ্তত সংঘটিত হোৱা সাম্প্ৰায়িক সংঘৰ্ষ আৰু দেশ বিভাজনৰ মূলতো আছিল এই ইতিহাস বিকৃতিৰ কু-ফল। ভাৰত স্বাধীন হোৱাৰ পাছতো এই বিভেদ নীতিৰ বিলুপ্তি নঘটিল। শাসক আৰু শোষক শ্ৰেণীয়ে নিজৰ স্বাৰ্থ পূৰ্ণৰ হাথিয়াৰ হিচাপে তাক এতিয়ালৈকে জীয়াই ৰাখিছে আৰু প্ৰয়োজন হলেই এই অস্ত্রপাত প্ৰয়োগ কৰি আহিছে

অবিভক্ত ভাৰতৰ পূৰ্ববংগৰ পৰা উঠি অহা বৰ্তমান এই বংগীয় মূলৰ মুছলমানসকল যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমীয়া মাধ্যমত শিক্ষা-দীক্ষা গ্ৰহণ কৰি নিজৰ ভাষা-সংস্কৃতিক জলাঞ্জলি দি অসমীয়া মূল সুঁতিৰ লগত মিলি যাবলৈ যত্নপৰ হ, শোধনাগৰ আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলনত খিলঞ্জীয়া অসমীয়াৰ সুৰত সুৰ মিলাই আন্দোলনত অংশ গ্ৰহণ কৰিলে তেতিয়া এচাম সুবিধাবাদী ৰাজনৈতিকৰ মূৰত বজ্রপাত হল। তেওঁলোকে একতাৰ মাজত বিভাজন আনিবলৈ উঠি-পৰি লাগিল খিলঞ্জীয়া অসমীয়াৰ মাজত জাপি দিলে বহিৰাগত বহিষ্কাৰ আন্দোলন। বহিৰাগত বুলি কোৱাৰ লগে লগে বিহাৰী, পঞ্জাৱী, মাৰোৱাৰীসকল এই বহিৰাগতৰ তালিকাত পৰিল৷ গতিকে বহিৰাগত আন্দোলনে বিশেষ সুবিধা কৰিব নোৱাৰিলে। ফলত পাছৰ পৰ্যায়ত বহিৰাগত শব্দটো পৰিহাৰ কৰি বাংলাদেশী শব্দটো আমদানি কৰা হল। ফলত আৰম্ভ হ'ল গোষ্ঠী সংঘর্ষ।

চিলাপথাৰ, খৰিচালা, মুকালমুৱা, নেলী আদি ঠাইত শ শ মুছলমান হত্যা কৰা হ'ল। জ্বলাই দিয়া হ'ল অসংখ্য ঘৰ-দুৱাৰ। খিলঞ্জীয়া অসমীয়া, বাংলাভাষী মুছলমান, বাঙালী হিন্দু আদিৰ অসংখ্য যুৱক-যুৱতী, মুনিহ-তিৰোতা, নিষ্পাপ শিশুৰ তেজেৰে অসমৰ সেউজ বুকু ৰাঙলি হল। ধর্ষিতা হল অসংখ্য জীয়ৰী-বোৱাৰী। কেবা যুগ ধৰি শান্তিপূর্ণভাবে বসবাস কৰি অহা মানুহবিলাক এজন আনজনৰ শত্ৰু হৈ পৰিল৷ লুঙী, দাড়ি. টুপী দেখিলেই বাংলাদেশী বুলি সন্দেহ কৰা হল- বেদখলকাৰী, চৰুৱা, পমুৱা, মিঞা, বাংলাদেশী বুলি উপলুঙা কৰা ল। যধে-মধে সৃষ্টি কৰা হডিভোটাৰ। মানে সন্দেহযুক্ত ভোটাৰ। যিসমূহ ঠাইলৈ এজন বংগীয় মূলৰ মুছলমানে দুপৰ নিশালৈ নিৰ্ভয়ে ফুৰা-চকা কৰিব পাৰিছিল সেইবোৰ ঠাইলৈ দিনতে যাবলৈ ভয় কৰা হল। বন্ধুত্ব পৰিণত হল শত্ৰুতালৈ।

অমসখন নানা জাতি-উপজাতি, ধর্মীয় সম্প্ৰদায়ৰ মিলন তীৰ্থ। এই মিলনৰ সেঁতুবন্ধন শিথিল হোৱা মানেই এচাম সুবিধাবাদী শাসক- শোষকৰ সুবিধা। বাংলাদেশী শব্দটো যে এচাম সুবিধাবাদী ৰাজনৈতিকৰ স্বাৰ্থ পূৰণৰ হাথিয়াৰ, নিৰ্বাচনৰ আগে আগে ভোটাৰ তালিকা সংশোধনৰ সময়ত এই শব্দটোৰ অধিক ব্যৱহাৰে সেই কথাকে প্ৰমাণ কৰি আছে।

বংগীয় মূলৰ মুছলমানসকলেও বাংলাদেশী বহিষ্কাৰ কৰাটো মনে-প্রাণে সমৰ্থন কৰে। কিন্তু বাংলদেশীৰ নামত প্রকৃত স্বদেশী নাগৰিকক

হাৰাশাস্তি কৰাটো সমৰ্থন নকৰে। বড়ো আন্দোলনেও এই বংগীয় মূলৰ মুছলমানৰ বহু ধন-জন ক্ষতিসাধন কৰিলে। তিৰাশীৰ আন্দোলনৰ পাছৰ পৰা বংগীয় মূলৰ মুছলমানসকল নানা ধৰণে নির্যাতিত হৈ আছে। শেহতীয়া লোক-পিয়ল অনুসৰি অসমত শিক্ষিতৰ শতকৰা হাৰ ৬৪.২৪ শতাংশ; কিন্তু বংগীয় মূলৰ মুছলমানৰ শিক্ষিতৰ হাৰ পঞ্চাশ শতাংশৰ অধিক নহয়৷ নাৰীশিক্ষাৰ হাৰো অতি নিন্মমানৰ।

বংগীয় মূলৰ মুছলমানসকল মূলতঃ মৎস প্রিয়। গতিকে পর্যাপ্ত মাছ পোৱা দজলাশয় অঞ্চলবোৰত তেওঁলোকে বসতি স্থাপন কৰিছিল। স্বাধীনোত্তৰ কালত অবাধে বনাঞ্চল ধ্বংসৰ ফলত সমগ্ৰ অসম ব্যাপী বানপানীৰ তাণ্ডৱে দেখা দিছে। ফলত বছৰে বছৰে সংঘটিত হোৱা বানপানীৰ কবলত পৰি এইসকল মুছলমান বাৰুকৈয়ে জুৰলা হৈ পৰিছে। তদুপৰি আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ। স্বাধীনতাৰ পাছত লাখ লাখ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। ফলত হাজাৰ হাজৰ মানুহ ভূমিহীন হৈ অসমৰ চহৰে-নগৰে জীৱিকাৰ সন্ধানত সিঁচৰতি হৈ পৰিছে। বহুতো পৰিয়াল নগালেণ্ডলৈ গৈ কৃষিকাৰ্য কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। চহৰ-নগৰলৈ যোৱাবোৰে দিন-মজুৰি, ঠেলা, ৰিক্সা, টো আদি চলাই পেটৰ ভাত মুঠি মোকলাই আছে। বাংলাদেশীৰ নামত তাতো এইসকল মুছলমান সময়ে সময়ে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে।

সমগ্র বিশ্বব্যাপী সম্প্রতি মনুষ্যৰ সংকট ঘনীভূত। এই সংকট মুহূর্তত এইসকল মুছলমান ৰাজনৈতিক, অর্থনৈতিক, প্রাকৃতিক আদি এশ এবুৰি সমস্যাত জৰ্জৰিত হৈ বৰ্তমান হীনমন্যতাত ভূগিব লগা অৱস্থাত উপনীত হৈছে। ইয়াৰ মাজতো তেওঁলোকে নিজৰ নিজস্বতা ত্যাগ কৰি অসমীয়া মূল সুঁতিৰ লগত মিলি যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তথাকথিত জ্যাত্যাভিমানীৰ জ্যত্যাভিমানৰ ফলত এই চেষ্টা ব্যাহত হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম তেতিয়াৰ পূৰ্ববংগৰ ঢাকা চহৰত। আনন্দৰাম বৰুৱাদেৱে তেওঁৰ কৰ্মজীৱনৰ সৰহভাগ সময় বংগদেশৰ বিভিন্ন অঞ্চলত অতিবাহিত কৰিছিল। যোৱা ১৯৯৮ চনৰ অসম সাহিত্য সভাৰ বাঘবৰত অনুষ্ঠিত চৰ-চাপৰি সন্মিলনত অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ড০ নগেন শইকীয়াই এই মুছলমানসকলক লুইতপৰীয়াজাতি বুলি আখ্যায়িত কৰিছিল। গতিকে এইসকল স্বনামধন্য ব্যক্তিৰ কথা সুঁৱৰি যদি এইসকল মুছলমানক অকনমান সৌহার্দ্যৰ দৃষ্টিৰে চোৱা হয় তেনেহ'লে হয়তো অসমীয়া মূল সুঁতিৰ লগত মিলি যোৱাত অধিক সুবিধা পাব। এইসকল মুছলমানে খিলঞ্জীয়াসকলৰ পৰা সেইখিনি সৌহার্দ্যকে মনে-প্রাণে কামনা কৰে।

(দৈনিক অগ্রদূত- ৫ মে-২০০২)

 

            চিকিৎসা সন্ত্রাস ৷

কেম্ৰিজ বিশ্ববিদ্যালয়ৰ এটি সমীক্ষাত শিক্ষক, চিকিৎসক আৰু অধিৱক্তা এই তিনি প্ৰকাৰৰ বৃত্তিক শ্ৰেষ্ঠ বৃত্তি বুলি কোৱা হৈছিল। শিক্ষকসকলে দেশৰ ভৱিষ্যত প্ৰজন্মক সুশিক্ষিত কৰি গঢ়ি তোলে, ডাক্তৰসকলে মানুহক সুস্থ-সৱল হৈ থকাত সহায় কৰে আৰু অধিৱক্তাসকলে ন্যায় ব্যৱস্থাক প্রতিনিধিত্ব কৰে। কিন্তু সম্প্ৰতি এই তিনি প্ৰকাৰৰ বৃত্তিতে বেছি দুৰ্নীতি সংঘটিত হে আছে বুলি কলে হয়তো বঢ়াই কোৱা নহব। শিক্ষকসকলৰ বিৰুদ্ধে অভিযোগ তেওঁলোকে নিজৰ কৰ্তব্য আন্তৰিকতাৰে পালন নকৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেবাখনো বিদ্যালয়ৰ পৰা এজনো ছাত্ৰ উত্তীর্ণ হ নোৱাৰা ঘটনাই এই কথাকে প্রতিপন্ন কৰে। অধিৱক্তাসকলৰ বিৰুদ্ধে অভিযোগ, তেওঁলোকে ন্যায় ব্যৱস্থাত কেলেংকাৰী সংঘটিত কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ সময়ত অবৈধ জন্ম পঞ্জীয়ন যোগান ধৰি কেবাজনো অধিৱক্তা জেললৈ যাবলগা হোৱা ঘটনাই এই কথাৰে প্ৰতিপাদন কৰে। ৰাইজৰ পৰা অবৈধভাবে ধন সংগ্রহ কৰাৰ দৰে অভিযোগো আছে অধিৱক্তাসকলৰ বিৰুদ্ধে।

ডাক্তৰক বহুতে ভগবানৰ পাছতে স্থান দিয়ে। কাৰণ ভগবানে সৃষ্টি কৰে আৰু ডাক্তৰসকলে সেই সৃষ্টিক সুস্থ-সৱল হৈ থকাত সহায় কৰে। কিন্তু সম্প্ৰতি ডাক্তৰসকলৰ বিৰুদ্ধেই অভিযোগ অধিক। ডাক্তৰসকলৰ বিৰুদ্ধে অভিযোগ যে, তেওঁলোকে নিজৰ কৰ্তব্য দায়িত্ব সহকাৰে সম্পাদন নকৰে। তেওঁলোকে চৰকাৰী চিকিৎসালয়ত কৰ্মৰত হৈ থাকে যদিও সময়মতে নিজৰ কৰ্তব্যত উপস্থিত নাথাকে। এনেকুৱা অভিজ্ঞতা হয়তো বহুতৰে হৈছে। চৰকাৰৰপৰা দৰমহা লয় যদিও চৰকাৰী চিকিৎসালয়তকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে অধিক ব্যস্ত থাকে। চৰকাৰী চিকিৎসালয়ত অপাৰেশ্বনৰ কাৰণে অপেক্ষাৰত ৰোগী এৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱাৰ দৰে ঘটনাও ঘটে বুলি জনা যায়। মৃত্যুৰ পাছতো ৰোগীক আইচিইউত ৰাখি ৰোগীৰ আত্মীয়ৰপৰা ধন সৰকোৱাৰ দৰে ঘটনাও পোহৰলৈ অহা দেখা যায়। বহু সময়ত ৰোগী চোৱাত অৱহেলাৰ কাৰণে চিকিৎসালয়ৰ বাৰাণ্ডাত প্ৰসূতিয়ে সন্তান জন্ম দিয়াৰ দৰে নিৰ্লজ্জ ঘটনাও ঘটা দেখা যায়। ৰোগী চোৱাত অৱহেলাৰ কাৰণে বহু সময়ত ৰোগীৰ মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হয়। ভুল চিকিৎসাৰ ফলত ৰোগীৰ মৃত্যু হোৱা ঘটনাও ঘটে বহু সময়ত। তেতিয়া ভগবানৰ পাছতে স্থান দিয়া ডাক্তৰৰ লগত ৰোগীৰ আত্মীয়ৰ মাৰ-পিটৰ দৰে ঘটনাও ঘটে। বিশ্বাস কৰিবলৈ টান যদিও অস্ত্রোপচাৰৰ পাছত ৰোগীৰ দেহাভ্যন্তৰত যন্ত্রাংশ এৰি অহাৰ দৰে ঘটনা ঘটাৰ কথাও শুনা যায়। চিকিৎসকৰ অভাৱৰ কাৰণে বহু ঠাইত নার্চ অথবা ফার্মাচিষ্ট সকলেও চিকিৎসা সেৱা আগবঢ়োৱা দেখা যায়।

ভুল চিকিৎসাৰ ফলত বহু সময়ত ৰোগীয়ে শাৰীৰিক মানসিক যন্ত্রণা ভোগ কৰাৰ লগতে আর্থিক ক্ষতিৰো সন্মুখীন হব লগা হয়। এনেকুৱা এটি ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে আমাৰ গাঁৱত। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰৰ তপিনাত চাৰিমাহমান আগত এটি কাঠ পেঞ্চিল সোমাই গৈছিল। ভূক্তভোগী ছাত্ৰজন বহিবলৈ লোৱাৰ সময়ত সহপাঠী ছাত্ৰ এজনে কাঠ পেঞ্চিলটো থিয়কৈ ধৰাত ঘটনাটো সংঘটিত হৈছিল। শিক্ষকসকলে ছাত্ৰজনক ততাতৈয়াকৈ ওচৰতে থকা এখন ফার্মাচীলৈ নি কিছু ঔষধ যোগান ধৰি ঘটনাটো সিমানতে সামৰণি মাৰিছিল। কিন্তু দিন যোৱাৰ লগে লগে ঘাঁ শুকোৱাৰ পৰিৱৰ্ত্তে পকিবলৈহে ধৰে। তেতিয়া ছাত্ৰজনৰ অভিভাৱক পুনৰ শিক্ষকসকলৰ শৰণাপন্ন হয়। শিক্ষকসকলে তেতিয়া বৰপেটাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়ে। এক্সৰে কৰাৰ পাছত ডাক্তৰে অপাৰেশ্বন কৰি ক্ষতস্থানৰপৰা গুটিৰ দৰে দুটা মাংসৰ টুকুৰা বাহিৰ কৰে। কিন্তু তথাপিও ঘাঁ নুশুকোৱাত ছাত্ৰজনক পশ্চিমবংগৰ কালনালৈ নিয়ে আৰু তাত অপাৰেশ্বন কৰি প্রায় দেড় ইঞ্চি দীঘল কাঠ পেঞ্চিলৰ এটি টুকুৰা বাহিৰ কৰে।

এতিয়া প্রশ্ন উদয় হয়, আমাৰ ডাক্তৰে কাঠ পেঞ্চিলৰ টুকুৰা বাহিৰ কৰিব নোৱাৰিলে কিয়? এয়া আমাৰ ডাক্তৰসকলৰ অৱহেলা, নে অদক্ষতা? দুটা প্রশ্নই কিন্তু আমাৰ সমাজ জীৱনৰ কাৰণে উদ্বেগজনক।

চিকিৎসকসকলৰ এনেকুৱা অৱহেলাৰ ঘটনা মাথোন আমাৰ অসমতে সংঘটিত নহয়। ২০১৩ চনত গ্লোৱেল বাৰডেন অৱ মেডিকেল কেয়াৰে হাবার্ড স্কুল অৱ পাবলিক হেলথ্ কেয়াৰৰ ডাঃ আনিস্ব ঝাই প্রস্তুত কৰা এটি প্রতিবেদন প্রকাশ কৰিছিল। তাত প্ৰকাশ কৰা হৈছিল যে, সমগ্র বিশ্বত বছৰি ৪২১ মিলিয়ন ৰোগী চিকিৎসালয়ত ভৰ্ত্তি হয় আৰু তাৰে প্ৰায় ৪২.৭ মিলিয়ন ৰোগী চিকিৎসকৰ অৱহেলাৰ চিকাৰ হয়। ইয়াৰে দুই তৃতীয়াংশ ঘটনা সংঘটিত হয় কম আয় আৰু মজলীয়া আয়ৰ দেশবোৰত। ভুল প্ৰেচক্রিপশ্বন, ভুল মাত্ৰাৰ ঔষধ প্রয়োগ, ভুল ৰোগ নিৰ্ধাৰণ, ভুল অস্ত্রোপচাৰ, সঠিক সময়ত সঠিক ড্রাগচ ব্যৱহাৰ নকৰাৰ ফলত ভাৰতত বছৰি প্ৰায় ৫.২ মিলিয়ন ভুল চিকিৎসাৰ ঘটনা সংঘটিত হয়। সঠিক এনাচথেচিয়া প্ৰযোগ নকৰাৰ ফলত আমাৰ দেশত ১৯৫৩ চনত প্ৰথম এজন শিশুৰ মৃত্যু হৈছিল। ড০ অনামিকা ৰায় ট্রাষ্টৰ অধিবেশনত ড০ অংকুৰণ দত্তই প্ৰকাশ কৰা মতে আমাৰ দেশত প্ৰতি বছৰ ৩০ লাখ ৰোগী ভুল চিকিৎসাৰ চিকাৰ হয়। ইয়াৰ ৯৮০০০ জন ৰোগী মৃত্যুমুখত পৰে। আন এক তথ্য অনুসৰি ভাৰতত প্ৰতি মিনিটত ১০ জন ৰোগী ভুল চিকিৎসাৰ চিকাৰ হয় আৰু প্ৰতি ঘণ্টাত ইয়াৰে ১১ জন ৰোগী মৃত্যুমুখত পৰে। অৱশ্যে তেওঁৰ এই দাবী অসম মেডিকেল এছোছিয়েশ্বনৰ সম্পাদক ডাঃ সত্যজিৎ ৰায়ে নাকচ কৰিছে।

আন্তর্জাতিক জার্ণাল অৱ হেলথ্ এণ্ড মেডিকো-লিগাল প্ৰেক্‌টিচৰ এডিটৰ ইন চীপ ডাঃ পুতুল মহন্তৰ মতে আগতে চিকিৎসা সেৱা মিছন হিচাপে স্বীকৃত আছিল, সম্প্রতি ই ব্যৱসায়লৈ ৰূপান্তৰ হৈছে। তেওঁৰ মতে অধিক ফিচ সংগ্ৰহ, ভুল ঔষধ আৰু ভুল মাত্ৰাৰ ঔষধ প্রয়োগ, অস্ত্রোপচাৰৰ পাছত ৰোগীৰ দেহাভ্যন্তৰত যন্ত্রাংশ এৰি অহা আদি চিকিৎসা সন্ত্ৰাসৰ অন্তৰ্গত। তেওঁৰ মতে ৫০ শতাংশ অৱহেলাৰ ঘটনা সংঘটিত কৰে শল্য চিকিৎসকসকলে। ইয়াৰে ৯৮ শতাংশ কেচ নথিভূক্ত নহয় বুলি তেওঁ মতপোষণ কৰিছে।

ডাক্তৰসকলৰ এই অৱহেলাৰ বাবে দায়ী কোন? ইয়াৰ বাবে ডাক্তৰৰ অপ্রতুলতা আৰু ভোগবাদী মানসিকতাকে মূলতঃ দায়ী কৰিব পাৰি। কাৰণ এগৰাকী ডাক্তৰে এজন ৰোগী চোৱাৰ বাবে যিমান সময় ব্যয় কৰিব লাগে ৰোগী অনুপাতে ডাক্তৰ কম থকাৰ কাৰণে সিমান সময় ব্যয় কৰিব নোৱাৰে। এগৰাকী ডাক্তৰে এজন সুস্থ স্বাস্থ্যৱান সাধাৰণ ৰোগী চোৱাৰ কাৰণে কমপক্ষে পোন্ধৰ মিনিট সময় ব্যয় কৰিব লাগে আৰু অপেক্ষাকৃত জটিল ৰোগী চোৱাৰ বাবে পঁয়ত্ৰিছৰপৰা চল্লিছ মিনিট সময় ব্যয় কৰিব লাগে, কিন্তু ৰোগীৰ সংখ্যা বেছি হোৱাৰ কাৰণে পাঁচ সাত মিনিটৰ অধিক সময় ব্যয় কৰিব নোৱাৰে। এগৰাকী ডাক্তৰ যিমানেই অভিজ্ঞ নহওঁক কিয়, টেকন'লজি যিমানেই উন্নত নহওঁক কিয় পাঁচ বা সাত মিনিটত খৰচি মাৰি এজন ৰোগী চোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু আমাৰ সমাজত এয়াই হৈ আছে। একমাত্ৰ চৰকাৰী চিকিৎসালয়ত ৰোগী চালে এজন ৰোগীৰ কাৰণে হয়তো কিছু বেছি সময় ব্যয় কৰিব পাৰিলেহেঁতেন; কিন্তু ডাক্তৰসকল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ব্যস্ত থকাৰ কাৰণে প্ৰয়োজনীয় সময় ব্যয় কৰিব নোৱাৰে। কাৰণ দেখা যায় যে, চৰকাৰে দিয়া দৰমহাতকৈ তেওঁলোকে ব্যক্তিগতভাবে ৰোগী চাই বেছি উপাৰ্জন কৰে। ফলত তেওঁলোকে দু-পইচা অধিক উপাৰ্জনৰ কাৰণে ৰাতিপুৱা সাত বজাৰপৰা আৰম্ভ কৰি নিশা নবজালৈকে ৰোগী চাই থাকে। গতিকে অত্যধিক ৰোগী চোৱাৰ ফলত ডাক্তৰসকলে বহু সময়ত ৰোগ নিৰ্ণয়, ঔষধ নিৰ্বাচনত ভুল কৰে। কামৰ হেঁচা হ্ৰাস কৰিব নোৱাৰিলে ডাক্তৰসকলৰ এই ভুল সংঘটিত হৈয়ে থাকিব আৰু সাধাৰণ ৰাইজ মৃত্যুমুখত পৰিয়ে থাকিব। সেয়ে চৰকাৰে এই সন্দৰ্ভত সঠিক পদক্ষেপ গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।

(জনসাধাৰণতাং-০৫-০৮-১৭)

 

বংগীয় মূলৰ মুছলমানৰ শিক্ষা জীৱন

বংগীয় মূলৰ মুছলমানৰ শিক্ষা জীৱন সম্পর্কে আলোচনা কৰিবলৈ হ'লে ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ অহাৰ আগত বংগীয় মূলৰ মুছলমানৰ শিক্ষা জীৱন সম্পর্কে কিছু কথা আলোচনা কৰাটো নিশ্চয় প্ৰাসংগিক হব। ব্ৰিটিছসকল ভাৰতবৰ্ষলৈ অহাৰ অগ্ৰৱৰ্তী সময়ত হিন্দুসকল আছিল শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা এক ধৰ্মীয় সম্প্রদায়। একমাত্র বংগীয় মুছলমানৰ বাদে ভাৰতৰ অন্যান্য মুছলমানসকল হিন্দুসকলৰ তুলনাত শিক্ষাৰ ক্ষেত্ৰত বহু আগবাঢ়ি আছিল। কাৰণ গ্ৰীক পণ্ডিতসকল ইটালীত আশ্রয় লোৱাৰ আগত আৰবসকলে স্পেইন জয় কৰি গ্ৰীকৰপৰা অনূদিত আৰবী গ্ৰন্থৰ জৰিয়তে সেই যুগীয় আধুনিক জ্ঞান-বিজ্ঞান শিক্ষা প্রচলন কৰিছিল; কিন্তু সেই শিক্ষাৰ জ্ঞানৰ পৰিধি আছিল তেনেই সীমিত। ফলত এটা সময়ত মুছলিম বিশ্ব জ্ঞান-বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য জাতিৰ তুলনাত পাছপৰি যায় আৰু তেওঁলোক বিজ্ঞান, ইতিহাস, ভূগোল আদি আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। ভাৰতীয় মুছলমানসকলো এই চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হৈ মাদ্ৰাছা শিক্ষাৰ জৰিয়তে বিশ্বৰ অন্যান্য জাতিৰ লগত তাল মিলাই চলিবলৈ চেষ্টা কৰিছিল। কিন্তু মাদ্ৰাছা শিক্ষাই তেওঁলোকক আধুনিক বিশ্বৰ সমান্তৰালভাবে তাল মিলাই আগুৱাই নিবলৈ সক্ষম নহল। তথাপিও তেওঁলোক সেই আঁওকলীয়া শিক্ষাৰ ক্ষেত্ৰখনতে আৱদ্ধ হৈ থাকিল। কাৰণ আধুনিক জ্ঞান-বিজ্ঞানৰ শিক্ষাই মানুহক ধৰ্মৰপৰা আঁতৰাই নিয়ে বুলি তেতিয়াৰ মুছলিম ধৰ্ম প্ৰচাৰকসকলে বিশ্বাস কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগণ্য নেতা তথা স্বাধীন ভাৰতৰ প্রথম শিক্ষামন্ত্রী মৌলনা আবুল কালাম আজাদৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাটোৱে এই কথাকে প্রমাণ কৰে। অৱশ্যে আবুল কালাম আজাদে ঘৰুৱা শিক্ষকৰ অধীনত আৰবী, পাৰ্চী, উর্দু, ইংৰাজী আদি ভাষাৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ সেইবোৰ ভাষাৰ সুপণ্ডিতো আছিল। আজাদৰ দৰে আৰু বহু কেইগৰাকী সৌভাগ্যবান লোকৰ নামো এই শিক্ষিতৰ তালিকাত উল্লেখ থকা দেখা যায়। এই তালিকাত ১০৪ গৰাকী মুছলমান নাৰীৰ নামো উল্লেখ আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে, এই তালিকাৰ মাজত এজনো বাঙালী মুছলমান নাছিল।

ব্ৰিটিছ আমোলাসকলৰ কাৰণে ১৮০০ চনৰ ১০ জুলাইতলৰ্ড ওৱেলেচলিৰ দ্বাৰা কলিকতাত ফোর্ট উলিয়াম কলেজ স্থাপন কৰা হয়। সেই কলেজখনত তেতিয়া বাংলা, হিন্দী, উর্দু, ফাৰ্চী প্রভৃতি ভাষা শিকোৱা হৈছিল। কলেজখন একমাত্র ব্ৰিটিছ আমোলাক ভাৰতীয় ভাষা শিকোৱাৰ কাৰণে স্থাপন কৰা হৈছিল বুলি ক'ব পাৰি। ইয়াৰ পাছত ভাৰতীয়সকলৰ মাজত পাশ্চাত্য শিক্ষা প্রসাৰৰ কাৰণে ১৮১৭ চনৰ ২০ জানুৱাৰীত হিন্দু কলেজ স্থাপন কৰা হয়। হিন্দু কলেজ স্থাপন হোৱাৰ পাছত বাঙালী হিন্দুসকল শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী হৈ উঠে। হিন্দু কলেজ আছিল বংগীয় হিন্দুসকলৰ শিক্ষাৰ কেন্দ্র। কিন্তু মুছলমানসকল তাত শিক্ষা গ্ৰহণৰ বাবে মুঠেই আগ্রহী নাছিল। কাৰণ ব্ৰিটিছসকলে মুছলমানৰ হাতৰপৰা শাসনভাৰ কাঢ়ি নিছিল। ফলত তেওঁলোকে ১৭৫৭ চনৰ পৰা ১৯০০ চনলৈ ব্ৰিটিছ বিৰোধী যুদ্ধ, আন্দোলন, বিদ্রোহ আদি চলাই এফালে যেনেকৈ আৰ্থিক আৰু সামাজিক উন্নতিৰ বাট অমসৃণ কৰি তুলিছিল আৰু আনফালে তেনেকৈ সমগ্ৰ মুছলিম জাতি ব্ৰিটিছ বিৰোধী বা ৰাজদ্ৰোহীৰূপে চিহ্নিত হৈছিল। ফলত ব্ৰিটিছসকলে মুছলমানসকল শিক্ষিত তথা তেওঁলোকৰ উন্নতি হোৱাটো কামনা নকৰিছিল। সেয়ে তেওঁলোকক শৈক্ষিক আৰু অৰ্থনৈতিকভাবে পিছ পেলাই হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ ব্ৰিটিছসকলে হিন্দুসকলক আগবঢ়াই নিয়াৰ কাৰণে যত্ন কৰিছিল। ব্ৰিটিছৰ এই মনোভাবৰ ফলত উর্দুভাষী মুছলমানতকৈ বাঙলা ভাষী মুছলমান বিশেষভাবে ক্ষতিগ্রস্ত হৈছিল। বাঙালী মুছলমানসকল হিন্দুৰ তুলনাত কিমান পিছপৰা আছিল এটা উদাহৰণ দিলেই সেয়া স্পষ্ট হৈ পৰিব। ১৮২০ চনত যত এজন বাঙালী হিন্দু ডাক্তৰ হৈছিল, তাত ১৯৫৪ চনত অহিদুল নবী আৰু আব্দুল লতিফ নামৰ দুজন বাঙালী মুছলমান ছাত্র মাথোন ছাত্রবৃত্তি পৰীক্ষাতহে উত্তীৰ্ণ হৈছিল। পাছৰ পৰ্যায়ত অৱশ্যে দুই চাৰিজন মুছলমান ছাত্র শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠে; কিন্তু তাতো বিপর্যয়ে দেখা দিয়ে। কাৰণ হিন্দুসকলে মুছলমানৰ লগত একেলগে শিক্ষা গ্ৰহণ কৰিবলৈ আপত্তি কৰিবলৈ ধৰে।

শেষত মুছলমান ছাত্ৰক শিক্ষাৰ ক্ষেত্ৰত সুবিধা প্ৰদানৰ কৰাণে চৰকাৰী হেঁচাত হিন্দু কলেজৰ উচ্চস্তৰ বিভাগ প্ৰেচিডেন্সী কলেজলৈ আৰু নিন্ম বিভাগ হিন্দু কলেজলৈ ৰূপান্তৰ কৰা হয়। ফলত মুছলমানসকলেও কলেজত পঢ়াৰ সুযোগ পায়। প্রথম পৰ্যায়ত শিক্ষা গ্ৰহণৰ কাৰণে মুছলমানসকল আগ্ৰহী হৈ উঠিছিল যদিও আর্থিক অনগ্ৰসৰতাৰ কাৰণে মুছলমান ছাত্র সংখ্যা লাহে লাহে কমি গৈ শেষত একেবাৰে নোহোৱা হয়গৈ। ফলত শিক্ষাৰ ক্ষেত্ৰত মুছলমানসকল পিছপৰি যায়। পক্ষান্তৰে হিন্দুসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায় আৰু চৰকাৰী আৰু বেচৰকাৰী কলেজৰপৰা ওলাই আহি শিক্ষিত হিন্দুসকল দলে দলে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ ধৰে। কিন্তু শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ কাৰণে মুছলমানসকল চাকৰি-বাকৰিৰ ক্ষেত্ৰত পিছপৰি যায়।

চাকৰি বাকৰিৰ ক্ষেত্ৰত পিছপৰি যোৱাৰ বাবে মুছলমানসকল হিন্দুসকলৰ লগত সমানে তাল মিলাই চলিব নোৱাৰা হ'ল। ফলত মুছলমানসকলৰ কাৰণে বেলেগ কলেজ অনিবাৰ্য হৈ পৰিল আৰু স্থাপনো কৰা হল। ঢাকা বিশ্ববিদ্যালয় স্থাপনৰ স্বাৰ্থও তাতেই। ১৯২০ চনত ঢাকা বিশ্ববিদ্যালয় স্থাপন কৰা হয় আৰু ১৯২১ চনৰ ১ জুলাইৰ পৰা তাত কলা, বিজ্ঞান আৰু আইন বিষয়ক পাঠদান আৰম্ভ কৰা হয়। ঢাকা বিশ্ববিদ্যালয়ক কেন্দ্ৰ কৰি বুদ্ধিৰ মুক্তি গোষ্ঠীৰ জন্ম হয়। হিন্দুসকলৰ নৱজাগৰণৰ এশ বছৰ পাছত পূৰ্ববংগৰ মুছলমানসকলৰ এই নৱজাগৰণ সৃষ্টি হয়। এই অস্বাভাৱিক বিলম্বৰ কাৰণ একাধিক। প্রথম কাৰণ-ইংৰাজী শিকিলে খ্ৰীষ্টান হৈ যাব। দ্বিতীয় কাৰণ- ব্ৰিটিছসকলেই মুছলমান ৰাজত্বৰ অৱসান ঘটাইছিল, গতিকে ব্ৰিটিছৰ প্ৰতি বিদ্বেষ মনোভাব পোষণ কৰি মুছলমানসকলে ইংৰাজী ভাষা শিকাৰ প্ৰতি আগ্রহ প্রকাশ কৰা নাছিল। ফলত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে পূৰ্ববংগৰ মুছলমান সমাজ শিক্ষাৰ ক্ষেত্ৰত পশ্চাদ্‌গামী হৈ পৰিছিল। এটা সময়ত ইংৰাজীৰ প্ৰতি বিদ্বেষ দূৰ হৈছিল যদিও বাংলাৰ প্ৰতি বিৰাগ ভাব থাকিয়ে গৈছিল। কাৰণ বাংলাক হিন্দু ধৰ্মাৱলম্বীৰ ভাষা বুলি অভিজাত মুছলমানসকলে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল।

মুছলমান সমাজত তেতিয়া দুটা শ্রেণী আছিল। অভিজাত আৰু অনভিজাত। কৃষক, ধাওয়া বা মাছমৰীয়াসকল আছিল অনভিজাত মুছলমান। এই অনভিজাত শ্ৰেণীটো আছিল ধর্মান্তৰিত মুছলমান। এইসকল মূলতঃ অষ্ট্ৰিক আৰু দ্ৰাবিড় জনগোষ্ঠীৰ লোক। অভিজাত মুছলমানসকল আছিল চমকন্দ, হিচাৰ, উজবেকিস্তান, আৰব, ইৰাক, পাৰস্যৰ পৰা অহা প্ৰব্ৰজিত মুছলমান। এওঁলোক সংখ্যাত ৫ শতাংশৰ অধিক নাছিল। অধিক ধর্মান্তৰিত হৈছিল মূলতঃ অনভিজাত শ্ৰেণীটোহে। অৱশ্যে হিন্দু ধৰ্মৰ অসহনশীলতা আৰু উচ্চ পদ লাভৰ আশাত দুই চাৰিজন অভিজাত হিন্দুও মুছলমান হৈছিল; কিন্তু সেয়া আছিল আঙুলি মূৰত লেখিবপৰা ধৰণৰ। এই উচ্চবৰ্ণ হিন্দুৰপৰা ধৰ্মান্তিৰত মুছলমানসকল অভিজাত শ্রেণীভূক্ত আছিল।

বৌদ্ধ ধৰ্মাৱলম্বী বহু লোকো ইছলাম ধৰ্মত দীক্ষিত হৈছিল। পূর্ববংগ (বর্তমান বাংলাদেশ)ৰ নওঁগাৰ পাহাৰপুৰৰ প্রত্নতত্ত্ব অতুলনীয়। পাহাৰপুৰ নামৰ ঠাইখন নেদেখিলে পাল যুগৰ গৌড় আৰু বৌদ্ধসকলৰ গৌড়ক বুজা নাযায়। পাহাৰপুৰত এটা সময়ত বৌদ্ধ ধৰ্মাৱলম্বী লোক বাস কৰিছিল। কিন্তু এইসমূহ ঠাই সম্প্রতি মুছলমান অধ্যুষিত। এই বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এটা সময়ত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আৰু ধৰ্মান্তৰকৰণৰ পাছত উক্ত ঠাইৰপৰা সম্ভৱতঃ প্ৰব্ৰজন কৰি বেলেগ ঠাইলৈ গুচি যোৱা নাছিল। বৌদ্ধস্তুপ বিলাকৰ ওচৰে-পাঁজৰে গঢ়ি উঠা চালে চকুৰোৱা মছজিদবোৰে এই কথাকে প্রতিপন্ন কৰে। এই লোকসকলেই হৈছে পূৰ্ববংগদেশৰ অনভিজাত মুছলমান।

ব্ৰিটিছ আমোলত উচ্চ শিক্ষা গ্ৰহণ কৰি শিক্ষিত হিন্দুসকল যেতিয়া অফিচ-আদাতলৰ চকী দখল কৰিবলৈ ব্যস্ত হৈ পৰিছিল, তেতিয়া মুছলমানসকল ব্যস্ত হৈ পৰিছিল হিন্দুৰ মাটি দখল কৰিবলৈ। কিন্তু মাটি দখলৰ প্ৰতিযোগিতাত আর্থিকভাবে অনগ্ৰসৰ অনভিজাত মুছলমানসকল পিছপৰি যায়। ফলত সকলো মাটি যায় অভিজাত হিন্দু আৰু মুছলমানৰ হাতত। অনভিজাত শ্ৰেণীটো মাটি দখলৰ প্ৰতিযাগিতাত পিছপৰি অভিজাত শ্ৰেণীটোৰ খেতিৰ মজুৰ হৈ পৰে। এটা সময়ত এই অনভিজাত মুছলমানসকল তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ পৃষ্ঠপোষকতাত মাটি বিচাৰি শস্য-শ্যামলা অসমলৈ উঠি আহে। উঠি আহে বুলি এই কাৰণেই কৈছোঁ যে, তেতিয়া বংগ আৰু অসম ভাৰতৰ অন্তৰ্ভূক্ত আছিল। গতিকে প্ৰব্ৰজন কৰাৰ প্রশ্ন উঠা নাছিল।

এইদৰে অসমলৈ উঠি অহা মুছলমানসকলে পেটত গামোচা বান্ধি বন-জংঘল চাফা কৰি হাল-কোৰ মাৰি পতিত মাটি ৰূপিত মাটিলৈ ৰূপান্তৰ কৰিলে। অসমখনক কৰি তুলিলে শস্য-শ্যামলা। এইসকল মানুহ সভ্য জগতৰপৰা আঁতৰত চৰ-চাপৰি আৰু দ জলাশয় তথা আঁওহতীয়া ঠাইবোৰত বসবাস কৰিবলৈ লৈছিল। সভ্য জগতৰ লগত এওঁলোকে যোগাযোগ ৰক্ষা কৰি চলাটো তেতিয়া খুবেই কষ্টসাধ্য কাম আছিল। নাছিল সুচল বাট-পথ, নাছিল দূৰণিবটীয়া ঠাইলৈ যাতায়াতৰ কোনো সু-ব্যৱস্থা। হাবি-বননিবোৰ আছিল হিংস্ৰ জীৱ-জন্তুৰ বিচৰণস্থলী। গতিকে বিশেষ প্রয়োজনতহে মানুহবিলাকে হাবিৰ মাজৰ লুংলুঙীয়া বাটেৰে এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিছিল।

ভাতমুঠিৰ বাবে যত চিন্তা কৰিব লগীয়া অৱস্থা, তাত শিক্ষা-দীক্ষাৰ চিন্তা কৰাটো আছিল সুদূৰ পৰাহত। মূৰৰ ঘাম মাটিত পেলাই অক্লান্ত পৰিশ্ৰমৰ ফলত যেতিয়া ভাতমুঠিৰ সংস্থান হ, তেতিয়া দুই চাৰিজন শুভবুদ্ধি সম্পন্ন মানুহে শিক্ষা-দীক্ষাৰ কথা চিন্তা কৰিলে। হয়তো শিক্ষাৰ প্ৰাসিংগকতা তেওঁলোকে বংগত থাকোঁতেই উপলব্ধি কৰিব পাৰিছিল; কিন্তু আর্থিক অনগ্ৰসৰতাৰ কাৰণে বিদ্যালয়ৰ চাৰি-বেৰৰ মাজত সোমাব পৰা নাছিল। বংগীয় মূলৰ মুছলমান অধ্যুষিত অঞ্চলত ওচমান আলী সদাগৰে পোনপ্ৰথমে নগাঁৱৰ আলিটেঙনিত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় প্রতিষ্ঠা কৰে।

সম্প্ৰতি শিক্ষাৰ প্ৰতি সকলোৰে যথেষ্ট ধাউতি বাঢ়িছে আৰু প্ৰায় প্ৰতিটো অঞ্চলত উচ্চ শিক্ষাৰ অনুষ্ঠান গঢ় লৈ উঠিছে। এনেকি বহু ঠাইত সম্প্রতি কলেজো স্থাপন কৰা হৈছে। যিখন সমাজত চল্লিছৰ দহকৰ আগত চিঠি এখন পঢ়াৰ বাবে মানুহ বিচাৰি হাবাথুৰি খাব লগা হৈছিল, বর্তমান সেইখন সমাজতে প্ৰায় ঘৰে ঘৰে মেট্ৰিক উত্তীৰ্ণ ল'ৰা-ছোৱালী ওলাইছে আৰু বহুতে বি, এ আৰু এম, এও পাছ কৰিছে। দুই চাৰিজন ডাক্তৰ, ইঞ্জিনিয়াৰো ওলাইছে। কিন্তু সৰ্বভাৰতীয় তুলনাত আমাৰ এই সাফল্য তেনেই পুতৌজনক পর্যায়তে আছে। কাৰণ শিক্ষাৰ ক্ষেত্ৰত কিছু সাফল্য অর্জন কৰিলেও শিক্ষাৰ মানদণ্ড এতিয়ালৈকে আশানুৰূপ ধৰণে উন্নত হোৱা নাই। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বংগীয়মূলৰ মুছলমান ছাত্ৰৰ স্থান প্ৰাপ্তিৰ তালিকা লৈ চালে এই কথা স্পষ্ট হৈ পৰে। যাৰ ফলত প্রশাসনিক পৰ্যায়ৰ পৰীক্ষাসমূহত আমাৰ সাফল্য এপাচি খৰাহিত এটা জলকীয়াৰ নিচিনা হৈ আছে

সত্তৰৰ দহকৰ আগলৈকে বংগীয় মূলৰ মুছলমান সমাজ নাৰী শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰি আছিল। মহাবিদ্যালয়তো বাদেই হাইস্কুল পর্যায়তো ছোৱালীৰ অংশ গ্রহণ তেনেই পুতৌজনক আছিল। অৱশ্যে বর্তমান নাৰীশিক্ষাৰ প্ৰতি মুছলমানসকল পূৰ্বতকৈ বহু সচেতন হৈছে। কাৰণ যাঠিৰ দহকত যিখন সমাজত প্রাইমাৰী উত্তীর্ণ ছোৱালীৰ সংখ্যা আঙুলি মূৰত লেখিব পৰা বিধৰ আছিল সেইখন সমাজৰ বহু ছোৱালী বৰ্তমান কলেজত অধ্যয়ন কৰি আছে। দুই চাৰিজনীয়ে বিশ্ববিদ্যালয় পর্যায়তো অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে। প্ৰৱক্তা, ডাক্তৰ, ইঞ্জিনিয়াৰো ওলাইছে দুই চাৰিজনী। কিন্তু বাল্যবিবাহৰ প্রকোপৰ কাৰণে অন্যান্য সম্প্ৰদায়ৰ তুলনাত বংগীয় মূলৰ মুছলমান সমাজ নাৰী শিক্ষাৰ ক্ষেত্ৰত এতিয়াও বহু পিছপৰি আছে। বাল্যবিবাহ ৰোধৰ বাবে আমাৰ শিক্ষিত সমাজ আগবাঢ়ি আহিলে নিশ্চয় আমি এদিন এই সমস্যাৰ পৰা মুক্ত হব পাৰিম।

বংগীয় মূলৰ মুছলমান সমাজ শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ অন্যতম কাৰণ হৈছে দৰিদ্ৰতা আৰু চৰকাৰৰ শিক্ষা বিস্তাৰৰ প্রতি উদাসীনতা। কিন্তু আমি দৰিদ্ৰতা আৰু চৰকাৰৰ উদাসীনতাৰ দোহাই দি হাত সাৱটি বহি থাকিলে নহব। সকলো বাধা নেওচি আমি আগুৱাই যাব লাগিব। কাৰণ ইছলামে কৈছে, যি জাতিয়ে নিজৰ ভাগ্য নিজে পৰিৱৰ্তন নকৰে, সেই জাতিক আল্লাহইও সহায় নকৰে। ভাগ্য পৰিৱৰ্তনৰ পূৰ্ব চতই হৈছে শিক্ষা। কাৰণ যি জাতি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া সেই জাতি আর্থিক ক্ষেত্ৰতো আগবঢ়া। আশা কৰোঁ, চেষ্টাৰ বলতে আমি এদিন শিক্ষাৰ ক্ষেত্ৰত সফলতা অর্জন কৰি ভাৰতবৰ্ষৰ মানব সম্পদ মূল অংশ ৰূপে নিজক প্রতিষ্ঠা কৰিবলৈ সক্ষম হব পাৰিমহঁক। কাৰণ যত চেষ্টা আছে, তেই সফলতা আছে।

(অগ্রদূত-৮ ডিচেম্বৰ-২০০১)

 

পেৰা কমাণ্ডোৰ চার্জিকেল ষ্ট্ৰাইকঃ উল্লসিত ভাৰত।

ভাৰতীয় বীৰ জোৱানে দেৱালী অহাৰ আগতেই ভাৰতবাসীক দেৱালী উপহাৰ দিলে। বুধবাৰদিনা ৰাতি ১২-৩০ মান বজাত ভাৰতীয় পেৰা কমাণ্ডোইপাকিস্তানী সন্ত্রাসী শিৱিৰত চাৰ্জিকেল ষ্ট্ৰাইক চলাই সাতটা শিৱিৰ ধ্বংস কৰাৰ লগতে ৩৮ জন সন্ত্রাসীক নিহত কৰিছে। উৰিৰ ঘটনাৰ পাছত প্ৰতিগৰাকী ভাৰতীয়ই এনেকুৱা এক অপাৰেশ্বনৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছিল। ভাৰতীয় সেনাৰ এই সাহসিক অভিযানক প্ৰতি গৰাকী ভাৰতীয়ই অতি আন্তৰিকতাৰে প্ৰশংসা কৰাৰ লগতে স্বাগতম জনাইছে। ফলত সমগ্ৰ দেশ ব্যাপী বৈ গৈছে আনন্দৰ লহৰ। বাজি পুৰি, ফটকা ফুটাই ভাৰতীয়ই উৎসৱ পালন কৰিছে। উদ্‌গীৰ্ণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ। প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সাহসিক পদক্ষেপৰ পাছত সমগ্র দেশে নৰেন্দ্ৰ মোদীক আন্তৰিকতাৰে প্ৰশংসা কৰিছে। এনেকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ লগতে অৰবিন্দ কেজৰিৱালেও নৰেন্দ্ৰ মোদীক প্রশংসা কৰিবলৈ দ্বিধাবোধ কৰা নাই।

পাকিস্তানী সন্ত্রাসবাদীৰ বৰ্বৰতাক ভাৰতীয়ই বহুদিনৰপৰা ধিক্কাৰ দি আহিছে যদিও সিহঁতৰ বিৰুদ্ধে যোগ্য কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। এইবাৰ যেন যেনে কুকুৰ তেনে টাঙোনব্যৱহাৰ কৰিলে ভাৰতীয় জোৱানে। এই কার্য হয়তো বহুদিন আগতেই কৰিব লাগিছিল। পলমকৈ লেও এই কার্যত প্ৰতিগৰাকী ভাৰতীয় উল্লসিত হৈ উঠিছে আৰু ফটকা ফুটাই, বাজি পুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইখিনিতে উৰিৰ সন্ত্রাসী আক্ৰমণত ছহিদ হোৱা সুনীল কুমাৰ বিদ্যাৰ্থীৰ পত্নী কিৰণ কুমাৰীয়ে এক অনন্য উদাৰতাৰো পৰিচয় দিছে। তাই সংবাদ মাধ্যমৰ আগত কৈছে যে, ভাৰতীয় সেনাই এই আক্রমণ সংঘটিত কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু আমি পাকিস্তানী নাগৰিকৰ প্ৰতিও চকু ৰাখিব লাগিব। এনেকুৱা আক্ৰমণত মাথোন সন্ত্রাসবাদীকহে নিহত কৰা উচিত। তাই আৰু কৈছে যে, এই আক্রমণ বহু আগতেই কৰিব লাগিছিল। তেনেকুৱা কৰিলে ভাৰতীয় সৈনিক ছহিদ হব লগা নহ'লহেঁতেন। ভাৰতীয় সেনাই সঠিক কাৰ্য কৰিছে।

এই অপাৰেশ্বন সফলতাৰে সম্পন্ন কৰিছে ভাৰতীয় সেনাৰ স্পেশাল ফোর্চে। স্পেশাল ফোৰ্চৰ বিশেষ নাম আছে; কিন্তু কৌশলগত কাৰণত সেই নাম প্রকাশ কৰা নহয়। বুধবাৰৰ অপাৰ্শ্বেনত ৬০ গৰাকী জোৱান চামিল আছিল আৰু এম আই- ১৭ নামৰ চাৰিখন হেলিকপ্তাৰযোগে তেওঁলোকক নিৰ্দ্দিষ্ট ঠাইত নমাই দিয়া হৈছিল। এই বিশেষ বাহিনীৰ প্ৰতিগৰাকী সদস্য একো একোজন পেৰা কমাণ্ডো। সেনা বাহিনীত সাধাৰণতঃ যি ধৰণৰ প্ৰশিক্ষণ দিয়া হয়, এওঁলোকৰ প্ৰশিক্ষণ তাতকৈ বহু উন্নতমানৰ আৰু কঠিন। খুবেই কঠিন প্ৰকৃতিৰ অপাৰেশ্বনত এওঁলোকৰ সহায় লোৱা হয়। এই বাহিনীৰ কাম ল অতর্কিতে আৰু নিখুঁতভাবে অভিযান চলোৱা। শাৰীৰিকভাবে সক্ষম, বুদ্ধিমান, মানসিকভাবে শক্তিশালী সৈনিকক এই বাহিনীত স্থান দিয়া হয়। এওঁলোকক বিশ্বৰ আটাইতকৈ শক্তিশালী সেনাৰ দৰে প্ৰশিক্ষণ দিয়া হয়। এইসকল জোৱানে ৬০ কিলোগ্রাম ওজন লৈ প্রতিদিন ২০ কিলোমিটাৰ দৌৰিব লগা হয় । এওঁলোকক মেন টু মেন ফাইটকৰাৰ বাবে প্ৰশিক্ষণ দিয়া হয়। স্পেশাল বাহিনীৰ অস্ত্র-শস্ত্রও অন্যান্য বাহিনীতকৈ বেলেগ। খুবেই গোপনে আৰু দ্ৰুত আক্রমণ চলাব লগা হয় কাৰণে এই বাহিনীৰ অস্ত্র-শস্ত্ৰ অপেক্ষাকৃত সৰু আৰু পাতল। কিন্তু এইবোৰ অস্ত্র-শস্ত্ৰ উচ্চমাত্ৰাত স্বয়ংক্রিয় আৰু মৰণ আঘাত হানিবলৈ সক্ষম। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ চনৰ কাৰগিল যুদ্ধত এওঁলোকক ব্যৱহাৰ কৰা হৈছিল।

ভাৰতীয় বিশেষ পেৰা কমাণ্ডো বাহিনী নিজৰ কামত কিমান দক্ষ তাৰ প্ৰমাণ পোৱা গ'ল পাক অধিকৃত কাশ্মীৰৰ পাকিস্তানী সন্ত্রাসবাদী ঘাটিত আক্রমণ সংঘটিত কৰাৰ পাছত। বুধবাৰ দিনা ৰাতিৰ ঘটনাৰ পাছত ভাৰতীয়ৰ লগতে সমগ্ৰ বিশ্বই এই বাহিনীৰ দক্ষতাৰ পৰিচয় পাইছে। মাথোন ৪-৩০ ঘণ্টাৰ অপাৰেশ্বনতে পাকিস্তানী সন্ত্রাসবাদীৰ সাতটা শিৱিৰ ধ্বংসৰ লগতে ৩৮ জন সন্ত্রাসবাদী নিহত কৰিবলৈ সক্ষম হৈছে এই বিশেষ পেৰা কমাণ্ডো বাহিনীয়ে। পেৰা কমাণ্ডো বাহিনীৰ এয়া এক বিৰাট সাফল্য।

পাকিস্তানী অনুপ্ৰৱেশকাৰীসকল বিশেষ কৌশলৰে পাক সেনাৰ সহযোগত ভাৰতৰ মাটিত প্ৰৱেশ কৰে। সন্ত্রাসবাদীসকল সীমান্ত এলেকাত গোট খোৱাৰ পাছত পাকিস্তানী সেনাই গুলীবর্ষণ আৰম্ভ কৰে। সেই সুযোগতে চাৰি-পাঁচজনকৈ সন্ত্রাসবাদী ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰে। এইবাৰো বৃহৎ ধৰণৰ অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছিল পাকিস্তানী সন্ত্রাসবাদীয়ে। সাতটা লঞ্চপেডত একেলগে বহু সন্ত্রাসী গোট খাইছিল। প্রতিটো লঞ্চপেডতপ্রায় ৩০ জনকৈ সন্ত্রাসবাদী আছিল। ভিন ভিন গোটত বিভক্ত হৈ সিহঁতে একে সময়তে জন্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰি ভাৰতত উত্তেজনা সৃষ্টিৰ পৰিকল্পনা কৰিছিল। আমাৰ ভাৰতীয় চোৰাংচোৱাই এসপ্তাহ আগতে স্থানীয় সচেতন নাগৰিক আৰু ভাৰতৰ প্ৰতি সহানুভূতিশীল সংগঠনৰ সহযোগত সন্ত্রাসবাদীৰ লঞ্চপেড তথা গোপন অনুপ্ৰৱেশৰ বিষয়ে সঠিক তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু অতি সতর্কতাৰে লঞ্চপেডবোৰৰ ওপৰত চোকা দৃষ্টি ৰখাৰ সমান্তৰালভাবে চার্জিকেল স্ট্রাইকৰ পৰিকল্পনা কৰি আছিল । আক্রমণ সংঘটিত কৰাৰ আগতে স্পেশাল ফোর্চৰ কেইগৰাকীমান কমাণ্ডোই আগতীয়াকৈ সেই ছেক্টৰ সমূহত প্ৰৱেশ কৰি সন্ত্রাসবাদীৰ গতি-বিধিৰ উমান লৈ আহিছিল। কত কিমান সেনা আছে, কোনটো অঞ্চলত চার্জ লাইট আছে, শক্তিশালী দূৰবীণ লগোৱা আছে, এইবোৰ সকলো খবৰ অপাৰেশ্বনৰ আগতেই সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰ ভিত্তিতেই আক্ৰমণৰ কৌশল ৰচনা কৰা হৈছিল।

পেৰা কমাণ্ডোসকল পাক অধিকৃত এলেকাত হেলিকপ্তাৰযোগে প্ৰৱেশ কৰা নাছিল। হেলিকপ্তাৰযোগে তেওঁলোকক এটা নির্দিষ্ট এলেকাত নমাইহে দিছিল। তথাপিও নিয়ন্ত্ৰণ ৰেখাৰ একেবাৰে কাষত নহয়, কাৰণ তেনেকুৱা কৰিলে শত্ৰুৰ চকুত পৰাৰ সম্ভাৱনা আছিল। পেৰা কমাণ্ডাৰসকলক এনেকুৱা এঠাইত নমাই দিয়া হৈছিল, 'ত পাকিস্তানী সেনাৰ পহৰাৰ ব্যৱস্থা নাছিল। পোনপটীয়াভাবে প্ৰৱেশ কৰিলে বহু কম সময়তে নিৰ্দ্দিষ্ট এলেকাত উপনীত ব পাৰিলেহেঁতেন; কিন্তু তেনেকুৱা কৰাও সম্ভৱ নাছিল। কাৰণ অতি কম সংখ্যক সেনা শত্ৰুৰ এলেকাত প্ৰৱেশ কৰি মুখা-মুখি আক্ৰমণ কৰাটো সম্ভৱ নাছিল। সেয়ে প্রথমে পাকবাহিনী আৰু চোৰাংচোৱাৰ চকুত ধূলি দি তেওঁলোকে খোজ কাঢ়িপাক অধীকৃত কাশ্মীৰৰ প্ৰায় ৮-১০ কিঃ মিটাৰ অভ্যন্তৰত সোমাই যাব লগা হৈছিল। ২৫০ কিঃ মিটাৰ ব্যাপী বিয়পি থকা এলেকাটো খুবেই দূর্গম অৰ্থাৎ থিয় পাহাৰ আৰু ঘন জংঘলেৰে আৱৰা আছিল। সৰু সৰু দলত বিভক্ত হৈ সেই দূর্গম বাট অতিক্ৰম কৰি গভীৰ ৰাতি কৃষ্ণপক্ষৰ আন্ধাৰৰ সুযোগলৈ পেৰা কমাণ্ডো বাহিনী নির্দিষ্ট এলকাত প্ৰৱেশ কৰি লঞ্চপেডবোৰৰ কাষলৈ গৈছিল।

সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, এই ধৰণৰ অভিযানৰ তিনিটা ধাপ থাকে। (১) মনে মনে শত্ৰুৰ এলেকাত অনুপ্ৰৱেশ কৰা। (২) অতর্কিত আক্রমণ সংঘটিত কৰা আৰু (৩) আক্ৰমণ সংঘটিত কৰি নিৰাপদে ওলাই অহা। প্রথম ধাপটো অতিক্ৰম কৰিবলৈ অধিক সময় ব্যয় কৰিব লগা হৈছিল স্পেশাল ফোর্চে। শেষৰ প্ৰায় দুই কিঃ মিটাৰ বুকুৰে চোঁচোৰি চোঁচোৰি ল্‌ঞ্চপেডবোৰৰ পিছফালে গৈ উপস্থিত হৈছিল।

ইয়াৰ পাছত আৰম্ভ হৈছিল অভিযানৰ দ্বিতীয় ধাপ। অর্থাৎ আক্রমণ। অতর্কিতে আক্রমণ চলাইছিল কমাণ্ডো বাহিনীয়ে মাথোন চাৰি ঘণ্টাৰ অভিযানতে লঞ্চপেডবোৰ ধ্বংস কৰাৰ লগতে ৩৮ জন সন্ত্রাসী নিহত কৰে। ইয়াৰ পাছত আৰম্ভ হৈছিল তৃতীয় ধাপ। অর্থাৎ শত্ৰুৰ এলেকাৰপৰা নির্বিঘ্নে ওলাই অহা। এই কাম খুবেই সফলতাৰে সম্পন্ন কৰিছে কমাণ্ডো বাহিনীয়ে। প্ৰৱেশৰ সময়ত ঘুৰা পথেৰে গৈছিল যদিও ওভতাৰ বাটত ঘূৰা পথ ব্যৱহাৰ কৰা নাই। মাথোন দুই কিঃ মিটাৰ আঁতৰতে আছিল নিয়ন্ত্ৰণ ৰেখা। অতি ক্ষিপ্ৰতাৰে কমাণ্ডো বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ নিজৰ শিৱিৰলৈ ঘূৰি আহিছে।

এই অভিযানৰ বিশেষ উল্লেখযোগ্য দিশ এয়ে যে ৩৮ জন সন্ত্রাসীৰ লগতে দুজন পাক সেনা নিহত হলেও আমাৰ ভাৰতীয় এজন জোৱানো হতাহত হোৱা নাই। এই আক্রমণ ইমান নিখুঁতভাবে সংঘটিত কৰা হৈছে যে পাকিস্তানী সেনাই এই আক্ৰমণৰ সম্ভেদ পোৱাৰ আগতেই ভাৰতীয় জোৱানে অভীষ্ট কার্য সম্পাদন কৰি নিৰাপদ দূৰত্বলৈ আঁতৰি আহিবলৈ সক্ষম হৈছে। ভাৰতীয় বাহিনী উভতি অহাৰ পাছত অৱশ্যে পাক সেনাই দিশাহীনভাবে গুলীবৰ্ষণ কৰিছে আৰু ভাৰতীয় জোৱানেও তাৰ যোগ্য প্রত্যুত্তৰ দিছে।

চার্জিকেল অপাৰেশ্বনৰ বিষয়ে বিভাগীয় ঘোষণা কৰিছিল ডায়ৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰ্শ্বেন (ডিজিএমও)ৰ লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে ৷ ৰণবীৰ সিং ভাৰতীয় সেনাৰ আটাইতকৈ কুশল আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন বিষয়াসকলৰ অন্যতম। বুধবাৰৰ চাৰ্জিকেল স্ট্রাইকৰ আগতে তেওঁ ২০১৫ চনত মিয়ানমাৰত সম্পাদিত চার্জিকেল অপাৰেশ্বনৰো নেতৃত্ব প্ৰদান কৰিছিল। ২০১৫ চনত মণিপুৰৰ চন্দেল আৰু ১৮ চেপ্তেম্বৰত উৰিত সংঘটিত সন্ত্রাসী আক্রমণত উভয় ক্ষেত্ৰতে ডোগ্রা ৰেজিমেণ্টৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল। জেনেৰেল ৰণবীৰ সিং এই ৰেজিমেণ্টৰ কৰ্ণেল কমাণ্ডডেন্ট। কর্ণেল কমাণ্ডডেন্ট ডোগ্রা ৰেজিমেণ্টৰ আটাইতকৈ চিনিয়ৰ বিষয়া। কর্ণেল ৰণবীৰ সিং ১৯৮০ চনত ৯ ডোগ্রা বেটেলিয়ানত যোগদান কৰিছিল। অপাৰ্শ্বেন সফলতাপূর্বক সম্পন্ন কৰাৰ পাছত ৰণবীৰ সিঙে কৈছে- ভাৰত এনেকুৱা আক্ৰমণ সংঘটিত কৰিবলৈ সক্ষম। তেওঁ কৈছে যে, নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰপৰা আতংকবাদীক আমাৰ দেশত প্ৰৱেশ আৰু আক্ৰমণ কৰিবলৈ অনুমতি দিব নোৱাৰি। তেওঁ আৰু কৈছে যে, মই পাকিস্তানৰ ডি জি এম ওৰ লগত কথা পাতিছো আৰু মোৰ আশা, আতংকবাদ সমাপ্ত কৰাৰ ক্ষেত্ৰত পাকিস্তানী সেনাই আমাৰ লগত সহযোগ কৰিব। এই আক্রমণ বিশ্বাসযোগ্য সূচনাৰ আধাৰত কৰা হৈছে। সদ্যহতে পুনৰ আক্ৰমণ কৰাৰ পৰিকল্পনা নাই।

ভাৰতীয় জোৱানৰ এই অতর্কিত আক্ৰমণৰ পাছত চার্কভুক্ত দেশৰ লগতে অন্যান্য শক্তিশালী দেশবোৰ প্ৰাথমিকভাবে দ্বিধাগ্রস্ত হৈ পৰিছিল। কিন্তু আমেৰিকাই ভাৰতৰ প্ৰতি সমর্থন ব্যক্ত কৰিবলৈ অকণো পলম কৰা নাই। মার্কিন জাতীয় উপদেষ্টা ছুজান ৰাইচে ভাৰতৰ জাতীয় উপদেষ্টা অজিত ডোভালক ফোন কৰি সকলো ধৰণে ভাৰতৰ লগত থকাৰ আশ্বাস দিছে। বিশ্বৰ অন্যান্য বহু দেশেও সম্প্ৰতি ভাৰতৰ এই আক্ৰমণক সমৰ্থন জনাইছে।

এই আক্ৰমণৰ পাছৰপৰা ভাৰত আৰু পাকিস্তানৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। দুয়োখন দেশে সীমান্ত এলেকাৰ গাঁৱবোৰ খালী কৰি নাগৰিকসকলক নিৰাপদ দূৰত্বলৈ আঁতৰাই পঠাইছে। আমাৰ ভাৰতৰ প্ৰায় ৯৮৭ খন গাঁও ইতিমধ্যে খালী কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

(জনসাধাৰণ- ৮-১০-১৬)

 

       ৰাম জন্মভূমি-বাবৰী মছজিদ বিবাদ

ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদ পৰষ্পৰে আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰাৰ কাৰণে উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে।। স্মৰ্তব্য বিষয় হ, ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদ নিষ্পত্তিৰ কাৰণে বিগত ত্ৰিছ বছৰত ৮ বাৰ আলোচনা কৰা হৈছে আৰু প্ৰতিবাৰেই এই আলোচনা বিফল হৈছে।

১৯৮৬ চনত সর্বপ্রথম আলোচনা চলাইছিল কাঞ্চি কোটি পীঠৰ শংৰাচাৰ্যই। তেওঁ মুছলিম পাৰ্ছনেল লবোৰ্ডৰ তদানীন্তন সভাপতি আলী মিয়া নদবীৰ লগত আলোচনা চলাইছিল। কিন্তু সেই আলোচনা ফলপ্ৰসূ হোৱা নাছিল। ইয়াৰ পাছত ১৯৯০ চনত তদানীন্তন প্রধান মন্ত্ৰী চন্দ্ৰশেখৰে হিন্দু- মুছলমানৰ মাজত সৃষ্টি হোৱা মতবিৰোধ আঁতৰ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিল। আলোচনা চলি থকাৰ মাজতে বিএচপি ভলান্টিয়াৰে মছজিদৰ

এটা অংশ ভঙাৰ ফলত সেই আলোচনা স্থগিত ৰখা হৈছিল। ১৯৯২ চনৰ ৬ ডিচেম্বৰত ১৫০,০০০ জন স্বেচ্ছাসেৱক একগোট হৈ বাবৰী মছজিদৰ গম্বুজ ভাঙি পেলায়। ইয়াৰ ফলত সমগ্ৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ গা কৰি উঠে আৰু সেই সংঘৰ্ষত এক তথ্য অনুসৰি ২০০০ জন লোকৰ প্ৰাণহানি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মছজিদ ভঙাৰ ১০ দিন পাছত প্ৰধান মন্ত্ৰী পি,বি নৰসিংহ ৰাৱে ন্যায়াধীশ লিব্রাহানৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰি দিয়ে। আয়োগে ১৭ বছৰ পাছত ২০০৯ চনত নিজৰ প্ৰতিবেদন দাখিল কৰে। কিন্তু ইয়াৰ পৰাও কোনো সিদ্ধান্তত উপনীত হোৱা সম্ভৱ নহ'ল।

২০০২ চনৰ জুন মাহত অটল বিহাৰী বাজপেয়ীয়ে ৰাম মন্দিৰ বিবাদ নিষ্পত্তিৰ কাৰণে পদক্ষেপ গ্রহণ কৰে। হিন্দু-মুছলমানৰ লগত আলোচনা কৰিবলৈ তেওঁ নিজৰ কাৰ্যালয়তে অযোধ্যা ছেলগঠন কৰি দলৰ বৰ্ষীয়ান নেতা শত্রুঘ্ন সিনহাক আলোচনা আগবঢ়াই নিয়াৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰে। সময়ত গৈ এই আলোচনাও ফলপ্রসূ নহ'ল।

২০১৫ চনৰ এপ্ৰিল মাহত নিখিল ভাৰত হিন্দু মহাসভাৰ সভাপতি স্বামী চক্রপাণি আৰু মহম্মদ হাশিম আনছাৰীৰ লগত আলোচনা হয়। ইয়াৰ

পাছত হাচিম আনচাৰীয়ে হনুমান গড়ৰ মহন্ত জ্ঞান দাসৰ লগত আলোচনা আৰম্ভ কৰে। তেওঁলোকে বিবাদিত ৭০ একৰ ভূমিৰ মাজত ১০০ ফুট ওখ দেৱাল নিৰ্মাণ কৰি মন্দিৰ আৰু মছজিদ নিৰ্মাণ কৰি বিষয়টো নিষ্পত্তি কৰাৰ কাৰণে আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই ক্ষেত্ৰত শেষলৈ কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নহল। ২০১৬ চনৰ মে'ই মাহত সৰ্বভাৰতীয় আখড়া পৰিষদৰ অধ্যক্ষ মহন্ত নৰেন্দ্ৰ গিৰিয়ে হাশিম আনছাৰীৰ লগত পুনৰ আলোচনা হয়। কিন্তু আলোচনা আগবঢ়াৰ আগতে হাচিম আনছাৰীৰ মৃত্যু হয়।

২০১৬ চনৰ নৱেম্বৰ মাহত হাইকোর্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পলক বসুই কোৰ্টৰ বাহিৰতে বিষয়টো নিষ্পত্তি কৰিবলৈ পৰামৰ্শ দিয়ে। এই পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই দহ হাজাৰ হিন্দু আৰু মুছলমানৰ স্বাক্ষৰ সম্বলিত এক প্ৰস্তাৱ ফৈজাবাদৰ কমিচনাৰৰ ওচৰত দাখিল কৰা হয়। এই প্ৰস্তাৱৰ লগত সকলো ডকুমেণ্ট(নথিপত্ৰ) চুপ্রিম কোর্টত জমা দিয়া হৈছে।

চলিত বৰ্ষৰ ৮ মাৰ্চত পুনৰ ৰাম মন্দিৰ বিবাদ আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰিবলৈ চুপ্রিম কোর্টেপৰামৰ্শ দিছে আৰু কোৰ্ট এই ক্ষেত্ৰত মধ্যস্থতাকাৰী বলৈ সাজু আছে।

বিবাদিত ভূমিৰ তিনিটা পক্ষ আছে। (১)নিমোহী আখড়াৰ এক তৃতীয়াংশ অর্থাৎ ৰাম চবুতৰা আৰু সীতাৰ ৰান্ধনীশালৰ ঠাই। (২) ৰামলালা বিৰাজমানৰ এক তৃতীয়াংশ অর্থাৎ ৰামলালাৰ মূৰ্ত্তি থকা ঠাই। (৩) বাকী এক তৃতীয়াংশ চুন্নী ৱাকফ বোৰ্ডৰ অৰ্থাৎ বাবৰী মছজিদৰ।

২০১০ চনৰ ৩০ চেপ্তেম্বৰত এলাহাবাদ হাইকোর্টৰ ন্যায়াধীশ সুধীৰ আগৰৱাল, এচ ইউ খাঁন আৰু ডি বি শৰ্মাৰ বিচাৰপীঠে ৰাম মন্দিৰ প্ৰসংগত এক ৰায়দান কৰিছিল। ৰায় অনুসৰি বিবাদিত ভূমিক তিনিটা সমান অংশত বাটোৱাৰা কৰিবলৈ আদেশ দিছিল। এই ক্ষেত্ৰত বিচাৰ পীঠে সিদ্ধান্ত লৈছিল যে, যি ঠাইত ৰামললাৰ মূৰ্ত্তি বিৰাজমান সেয়া ৰামললা বিৰাজমানক দিয়া হওঁক, ত ৰাম চবুতৰা আৰু সীতাৰ ৰান্ধনিশাল আছে সেয়া নির্মোহী আখড়াক দিয়া হওঁক আৰু বাকী এক তৃতীয়াংশ চুন্নী ৱাকফ বোর্ডক দিয়া হওঁককিন্তু এই ৰায়দান কার্যকৰী নোহোৱাত বিষয়টো বৰ্তমান চুপ্রিম কোর্টৰ বিচাৰাধীন হৈ আছে।

সম্প্ৰতি চুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশ জে, এচ খেহৰ, ন্যায়াধীশ ডি ৱাই, চন্দ্ৰচূড় আৰু ন্যায়াধীশ এচ, কে, কোলৰ বিচাৰপীঠে কৈছে যে, বিষয়টো খুবেই আবেগিক। সেয়ে পৰষ্পৰৰ লগত আলোচনাৰ জৰিয়তে বিষয়টো মীমাংসা কৰা যাওঁক। যাতে বাদী আৰু বিবাদী উভয় পক্ষই বিষয়টোত সহমত প্ৰকাশ কৰে। চুপ্রিম কোর্টে পৰামৰ্শ দিছে যে, বিষয়টো নিষ্পত্তিৰ কাৰণে উভয় পক্ষই মধ্যস্থতাকাৰী নিৰ্বাচন কৰক। মুখ্য ন্যায়াধীশে কৈছে যে, যদি সকলো পক্ষই তেওঁক মধ্যস্থতাকাৰী হিচাপে বিচাৰে তেনেহ'লে তেওঁ মধ্যস্থতাকাৰীৰ ভুমিকা লবলৈ সাজু আছে। প্রয়োজন হলে তেওঁৰ সহযোগী ন্যায়াধীশৰ সহায়ো লব বুলি তেওঁ জনাইছে। বিচাৰপীঠে আবেদনকাৰী সুব্রমণিয়াম স্বামীক কৈছে যে, তেওঁ এই বিষয়ে সম্বন্ধিত পক্ষৰ লগত দিহা- পৰামৰ্শ আৰু আলোচনা আৰম্ভ কৰক আৰু সেই আলোচনাৰ বিষয়ে অহা ৩১ মাৰ্চৰ ভিতৰত কোৰ্টক অৱগত কৰক।

এই সন্দৰ্ভত চৰকাৰ আৰু আৰু, এচ, এচৰ স্থিতি কি? মোদী চৰকাৰে বাৰে বাৰে কৈ আছে যে, ৰাম মন্দিৰ বিষয়টো সংবিধানৰ আওঁতাত থাকি মীমাংসা কৰা হওঁক। ইউ, পি, বিধান সভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ ক্ষেত্ৰত ৰাম মন্দিৰ বিষয়টোৱে গুৰুত্ব পাইছিল বুলি আৰ এচ এছ নেতা এম, জি, বৈদ্যই প্ৰকাশ কৰিছে। কাৰণ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগটো উল্লেখ আছিল। বেজিপিৰ বৃহৎ জয়লৈ তেওঁ মন্দিৰ নিৰ্মাণৰ পক্ষে জনতাই ৰায়দান কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰিছে। চুপ্রিম কোর্টে যদি ইয়াৰ মীমংসা কৰিব নোৱাৰে তেনেহ'লে এন ডি এ চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে আইন প্রণয়ন কৰা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰিছে। কেন্দ্রীয় মন্ত্রী মহেশ শর্মাই কৈছে- ৰাম মন্দিৰ কোনো ৰাজনৈতিক বিষয় নহয়, লাখ কোটী মানুহৰ আস্থাৰ বিষয় ইয়াৰ লগত জড়িত হৈ আছে। চুপ্রিম কোর্টৰ এয়া ভাল পৰামৰ্শ। সমস্যা সমাধানৰ কাৰণে ইয়াতকৈ ভাল পৰামৰ্শ হব নোৱাৰে। কেন্দ্ৰীয় আইন ৰাজ্যমন্ত্ৰী পি, পি চৌধুৰীয়ে কৈছে- বিষয়টো উভয় পক্ষৰ মধ্যস্থতাত নিষ্পত্তি হলে ভাল হব। চুপ্রিম কোর্টৰ এই পদক্ষেপ প্রশংসনীয়। কেন্দ্রীয় মন্ত্ৰী উমা ভাৰতীয়ে কৈছে- চুপ্রিম কোর্টৰ সিদ্ধান্তক স্বাগত জনাইছো। আশা কৰো যে, বিষয়টো কোৰ্টৰ বাহিৰতে নিষ্পত্তি হ'ব।

আবেদনকাৰী সুব্রমণিয়ম স্বামীয়ে কৈছে- আমি সদায় আলোচনা কৰিবলৈ সন্মত আছো। মন্দিৰ আৰু মছজিদ দুয়োটা নিৰ্মাণ হব লাগে। কিন্তু মছজিদ সৰযূ নদীৰ পাৰত নিৰ্মাণ হব লাগে। ৰাম জন্মভুমি সম্পূর্ণভাবে ৰাম মন্দিৰৰ কাৰণে হোৱা উচিত। আমি ভগবান ৰামৰ জন্মস্থান পৰিৱৰ্ত্তন কৰিব নোৱাৰো; কিন্তু মছজিদ আমি যিকোনো ঠাইত নিৰ্মাণ কৰিব পাৰো। স্মর্তব্য যে, যোৱা বছৰ ২৬ ফেব্ৰুৱাৰীত চুপ্রিম কোর্টেই অযোধ্যাৰ লগত সম্বন্ধিত বিষয়ত হস্তক্ষেপ কৰিবলৈ ৰামস্বামীক অনুমতি দিছিল। কাৰণ সুব্রমণিয়ম স্বামীয়ে এক আবেদন দাখিল কৰি ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে দাবী কৰিছিল।

কংগ্ৰেছ প্ৰৱক্তা ৰণদীপ সজৱালাই কৈছেউভয় পক্ষৰ সহমতত বিষয়টো নিষ্পত্তি কৰিলে উভয় পক্ষৰ মাজত শান্তি প্রতিষ্ঠিত হব আৰু উভয় পক্ষই ইজনে সিজনক সন্মান কৰিব। যদি এয়া সম্ভৱ নহয় তেনেহ'লে চুপ্রিম কোর্টে মেৰিটৰ আধাৰত বিষয়টো নিষ্পত্তি কৰা উচিত। চি,পি,এম নেতা সীতাৰাম ইয়েচুৰীয়ে কৈছে- বিষয়টো আলোচনাৰ জৰিয়তে মীমাংসা নোহোৱাতহে কোৰ্টলৈ গৈছে। আছাউদ্দীন ওরেছীয়ে কৈছে- চুপ্রিম কোর্টে এই বিষয়টোৰ ওপৰত ৰায় দিলেহে বিষয়টো নিষ্পত্তি হব। বাবৰী মছজিদ একশ্বন কমিটিৰ সংযোজক আৰু কেন্দ্ৰীয় বাকফ বোৰ্ডৰ উকিল জাফৰৱাব জিলানীয়ে কৈছে- বিষয়টো বহুদূৰ আগবাঢ়ি গৈছে। এতিয়া আলোচনাৰ মাজেৰে নিষ্পত্তি কৰা সম্ভৱ নহ'ব। চুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশে পোনপটীয়াভাবে হস্তক্ষেপ কৰিলেহে বিষয়টো নিষ্পত্তি হব। জিলানীয়ে লগতে কৈছে- ১৯৮৬ চনত কাঞ্চি কোটি পীঠৰ শংকৰাচাৰ্য আৰু মুছলিম পাৰ্চনেল লবোৰ্ডৰ অধ্যক্ষ আলী মিয়া নদবীৰ লগত আলোচনা আৰম্ভ হৈছিল; কিন্তু অসফল হল। ১৯৯০ চনত তদানীন্তন প্রধান মন্ত্ৰী চন্দ্ৰ শেখৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী মুলায়েম সিং যাদব আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভেৰৌ সিং শেখাৱতৰ লগত মিলি প্ৰচেষ্টা হাতত লৈছিল, সেয়াও বিফল হল। পাছত প্ৰধান মন্ত্ৰী নৰসিংহ ৰাৱে এক কমিটি গঠন কৰিছিল আৰু কংগ্ৰেছ নেতা সুবোধ কান্ত সহায়ৰ জৰিয়তে আলোচনা আগবঢ়াইছিল; কিন্তু শেষত গৈ মছজিদ ভাঙি দিয়া হ'ল। বিশ্ব হিন্দু পৰিষদৰ প্ৰবীণ টোগাৰিয়াই কৈছে যে, ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আইন প্রণয়ন কৰা উচিত। যেহেতু বিবাদিত ভূমি ভগবান ৰামৰ জন্মভুমি গতিকে তাত ৰাম মন্দিৰ নিৰ্মাণ হোৱা উচিত। তেওঁ আৰু কৈছে, ১৯৪৯ চনৰপৰা বিষয়টো আপোচ কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছে আৰু ফলাফল শূন্য হৈ আছে। সেয়ে সংখ্যাগুৰুৰ ইচ্ছাক গুৰুত্ব দিয়া উচিত। নির্মোহী আখড়াৰ মহন্ত ৰাম দাসে কৈছে, চুপ্রিম কোর্টৰ সদ্য ঘোষিত পৰামৰ্শ ৰাম মন্দিৰ বিবাদ মীমাংসাৰ নতুন চেষ্টা। ইয়াক স্বাগতম জনোৱা উচিত। আৰ, এচ, এচৰ দত্তাত্রেয় হোচবোলে কৈছে, আমি সদায় কোৰ্টৰ বাহিৰত বিষয়টো নিষ্পত্তিৰ পক্ষপাতি আছিলো। বিষয়টো ধর্মসংসদত মীমাংসা কৰিব লাগে। যিসকলে বিষয়টো সন্দৰ্ভত কোৰ্টলৈ গৈছে তেওঁলোকৰ প্ৰতিটো দলে ইয়াত অংশ গ্ৰহণ কৰিব লাগে ।

মুছলিম ধর্মগুৰু ওমৰ ইলিয়াচীয়ে কৈছে- বিষয়টো পূজাৰী আৰু মৌলবীসকলৰ বিষয়। উভয় দলৰ পৰষ্পৰ সহমতত বিষয়টো নিষ্পত্তি কৰা উচিত। মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ সদস্য মৌলনা খালিদ ৰছিদ ফিংগী মহলীয়ে কৈছে, চুপ্রিম কোর্টে যি পৰামৰ্শ দিছে এই বিষয়ে মুছলিম বিদ্বানৰ লগত আলোচনা কৰিম। হাজী মেহবুবে কৈছে- আমিও সদায় এই কথাৰ পক্ষপাতি আছিলো যে, উভয় পক্ষ একেলগে বহি এই বিষয়ে আলোচনা কৰা হওঁক।

ৰাম মন্দিৰ-বাবৰী মছজিদ বিবাদৰ এক দীঘলীয়া ইতিহাস আছে। বাবৰী মছজিদ ফৈজাবাদ জিলাৰ অযোধ্যাৰ ৰামকোট নামৰ ঠাইত অৱস্থিত। মছজিদটো ১৫২৮-২৯ চনত বাবৰৰ চিপাহশালাৰ মীৰ বাকিয়ে নিৰ্মাণ কৰিছিল। একাংশ হিন্দুৰ মতে মোগলসকলে ৰামৰ জন্মস্থানৰ নিৰ্মাণ কাৰ্য ভাঙি মছজিদটো নিৰ্মাণ কৰিছিল। কিন্তু মুছলমানসকলে এই দাবী অগ্রাহ্য কৰে। ১৯৪০ চনলৈকে মছজিদৰ নাম আছিল মছজিদ-ই- জন্মস্থান। ৰেভিনিউ ৰেকৰ্ডতো হেনো এই কথা আছে। ১৯০৫ চনৰ ফৈজাবাদ জিলাৰ গেজেট অনুসৰি ১৮৫৫ চনলৈকে মুছলমান আৰু হিন্দু উভয় সম্প্রদায়ে একেটা গৃহতে নামাজ আৰু পূজাপাঠ কৰিছিল। চিপাহী বিদ্ৰোহৰ পাছত মছজিদৰ বাহিৰফালে এটি দেৱাল নিৰ্মাণ কৰা হয় আৰু হিন্দুসকলক ভিতৰৰ অংশলৈ যাবলৈ নিষেধ কৰা হয়। মন্দিৰ আৰু মছজিদ প্ৰসংগলৈ হিন্দু-মুছলমানৰ প্ৰথম কাজিয়াৰ সূত্ৰপাত হৈছিল ১৮৫৩ চনত নবাব ৱাজেদ আলিৰ আমোলত। কাজিয়াৰ কাৰণ আছিল, নির্মোহী আখড়াৰ এগৰাকী মহন্তই মছজিদ নিৰ্মাণ কৰা স্থানত পূৰ্বে মন্দিৰ আছিল বুলি দাবী কৰিছিল। এই বিষয়লৈ সময়ে সময়ে দাবী কৰি অহা হৈছিল আৰু ১৮৮৩ চনত মছজিদ পৰিসৰত মন্দিৰ নিৰ্মাণৰ চেষ্টা চলাইছিল। কিন্তু তেতিয়াৰ উপায়ুক্তই ১৮৮৫ চনৰ ১৭ জানুৱাৰীত উক্ত নির্মাণ কাৰ্য বন্ধ কৰি দিছিল। ইয়াৰ পাছত ৰঘুবীৰ দাসে ফৈজাবাদৰ উপ-ন্যায়াধীশৰ আদালতত মামলা দায়ৰ কৰে। সেই মামলা খাৰিজ কৰা হয়। ইয়াৰ পাছৰপৰা হৰিকিষাণ নামৰ এজন মানুহে ১৭ ২১ ফুট পৰিসৰত মন্দিৰ নিৰ্মাণৰ চেষ্টা কৰি আছিল আৰু ইয়াৰ বাবে অনুমতি বিচাৰি আবেদন কৰিছিল; কিন্তু সেই আবেদনো খাৰিজ কৰা হয় । ইয়াৰ পাছত ১৮৮৬ চনৰ ১ এপ্ৰিলত ফৈজাবাদৰ জিলা ন্যায়াধীশ জে, , এ চামবিয়াৰৰ আদালতত আন এক আবেদন কৰে। ক্ষেত্রভিত্তিক তদন্তৰ পাছত ১৭ মাৰ্চত উক্ত আবেদন খাৰিজ কৰা হয়। পুনৰ ২৫ মে'ত অবধৰ ন্যায়িক আয়ুক্ত ডব্লিউ যংগৰ আদালতত আবেদন কৰে। এই আবেদনো খাৰ্জি কৰা হয়। এইদৰে হিন্দুসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰচেষ্টা অন্ত পৰে

১৯৩৪ চনত সাম্প্রদায়িক সংঘৰ্ষৰ ফলত মছজিদৰ চাৰিওফালৰ দেৱাল আৰু এটা গম্বুজ ক্ষতিগ্রস্ত হয়। ব্রিটিচ প্রশাসনে সেয়া পুনৰ নিৰ্মাণ কৰি দিয়ে। দীর্ঘ বিৰতিৰ পাছত ১৯৪৯ চনৰ ২২ ডিচেম্বৰত পহৰাৰত আৰক্ষী শুই থকাৰ সুযোগত কিছুমান হিন্দুই লুকাই-চুৰকৈ মছজিদৰ ভিতৰত ৰাম- সীতাৰ মূৰ্ত্তি স্থাপন কৰে। পাছদিনা অৰ্থাৎ ২৩ ডিচেম্বৰত প্ৰাথমিক তদন্তৰ পাছত জিলা মেজিষ্ট্রেট কে, কে, নায়াৰে গেটত তলা লগাই দিয়ে। পুনৰ দীৰ্ঘ বিৰতিৰ পাছত ১৯৮৪ চনত বিশ্ব হিন্দু পৰিষদে গেটৰ তলা খোলাৰ কাৰণে আন্দোলন আৰম্ভ কৰে আৰু তদানীন্তন প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনত তলা খুলি দিয়াৰ কাৰণে নিৰ্দ্দেশ দিয়ে। ফলত হিন্দুসকল ৰামৰ জন্মস্থান বুলি দাবী কৰা ঠাইত প্ৰৱেশ কৰিবলৈ সুবধিা পায়। ১৯৮৯ চনৰ নিৰ্বাচনৰ পূৰ্বে নৱেম্বৰ মাহত বিবাদিত স্থানত শিলান্যাস কৰিবলৈও অনুমতি লাভ কৰে। ইয়াৰ পাছৰপৰা বিবাদ চৰম ৰূপ ধাৰণ কৰে আৰু ১৯৯২ চনৰ ৬ ডিচেম্বৰত মছজিদ ভাঙি পেলোৱা হয়। এয়াই হল ৰাম জন্মভূমি আৰু বাবৰী মছজিদ বিবাদৰ চমু ইতিহাস।

এতিয়া এই ঐতিহাসিক বিবাদ চুপ্রিম কোর্টৰ মধ্যস্থতাত কেনেকৈ নিষ্পত্তি হয় সেয়া লক্ষ্যণীয় হব।

(জনসাধাৰণ- ৩০-০৩-১৭)

 

গুণোৎসৱ আৰু প্ৰাথমিক শিক্ষা

এদিন দুজন বন্ধু এখন চাহৰ দোকানৰ আগেদি গৈ আছিল। তেনেতে দোকানী লৰাজনে মাতিলে- আহক আহক, গৰম গৰম পুৰীৰ লগত আঙুৰৰ আঞ্জা খাব পাৰিব। খাই বৰ ভাল পাব। আহক-

আঙুৰৰ আঞ্জাৰ কথা শুনি দুয়ো থমকি ৰৈ গ'ল। আঙুৰৰ আঞ্জা!

এজন বন্ধুই কলে- আঙুৰৰ আঞ্জাৰ কথা আগতে কোনোদিন শুনা নাছিলো। আজিহে প্রথম শুনিলো। আঙুৰ এনেয়ে খাবলৈ সোৱাদ। আঞ্জা বা আকৌ কেনে সোৱাদ হয়। ব, খাই চাওঁগৈ বল।

আনজন বন্ধুই জিভা টকালি কলে- নিশ্চয় সোৱাদ হব। বল খাওঁগৈ৷ ঘৰলৈ গৈ আঙুৰৰ আঞ্জাৰ বিষয়ে ৰহন লগাই গল্প কৰিবপৰা যাব। এইদেৰে আঙুৰৰ আঞ্জা খোৱাৰ সিদ্ধান্তলৈ দুয়ো চাহ-দোকানৰ ভিতৰলৈ সোমাই আহিল। দোকানী লৰাজনে সুধিলে- কি খাব? পুৰী আৰু আঙুৰৰ আঞ্জা আনা।

ৰাজনে দুপ্লেট পুৰী আৰু দুবাটি আঞ্জা দি গ'ল।

সিহঁতে দেখিলে, ৰাজনে কোৱা ধৰণে আঙুৰৰ আঞ্জা নাই- ৰঙালাউৰহে আঞ্জা। এজনে আঞ্জা লিৰিকি-বিদাৰি ক'লে- লৰাজনে আমাক আভুৱা ভাঁৰিছে। তাক এশিকনি দিব লাগিব। এইদৰে কৈয়ে সি ল'ৰাজনক মাতিলে- হেৰা ভাইটি, এইফালে আহাচোন।

ৰাজন আহিল । সুধিলে- কি হ, মাতিছে কিয়?

তুমি দেখোন আমাক আভুৱা ভাঁৰিছা। এয়া দেখোন ৰঙালাউৰহে আঞ্জা। তুমি কোৱা ধৰণে আঙুৰৰ আঞ্জা ক?

ভালদৰে চাওঁক। আঙুৰৰ আঞ্জাই হয়। ইয়াত সমান জোখত ৰঙালাউ আৰু আঙুৰ আছে। অর্থাৎ এটা ৰঙালাউ আৰু এটা আঙুৰৰ সমানুপাতত আঞ্জা বনোৱা হৈছে।

ৰাজন গুচি গ'ল। বন্ধু দুজন ভেবা লাগি ইজনে সিজনৰ মুখলৈ চাই পুৰী খোৱাত মনোনিৱেশ কৰিলে। আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰো সম্প্ৰতি আঙুৰৰ আঞ্জাৰ দৰেই অৱস্থা হৈছে। ধোঁৱাচাঙত উঠিছে শিক্ষাৰ অধিকাৰ আইন। ফলত গুণগত শিক্ষা নিশ্চিত কৰাৰ কাৰণে চৰকাৰে গুণোৎসৱ পাতিব লগা হৈছে। কেবাটাও পৰ্যায়ত এই গুণোৎসৱ অনুষ্ঠিত হব। প্রথম পর্যায়ত ৮খন জিলাৰ ১২২৩০ খন বিদ্যালয় সামৰি লব। এই গুণোৎসৱ আৰম্ভ হব ৪ এপ্ৰিলৰপৰা। অন্ত পৰিব ৭ এপ্ৰিলত। ফলত গুণোৎসৱৰ বাবে চৰকাৰৰ ফালৰপৰা ব্যাপক প্রস্তুতি চলিছে আৰু আনফালে শিক্ষকসকলৰ মনত প্ৰচণ্ড নিৰাশা, হতাশা, ভয়ৰ ভাব গা কৰি উঠিছে। আটায়ে নিজা নিজা বিদ্যালয়ৰ বহীপত্ৰ ঠিক কৰাৰ লগতে নিজৰ সন্মান বচাবলৈ বিশেষ নহ'লেও ছাত্র-ছত্ৰীয়ে যাতে পাঠ (ৰিডিং) ভালদৰে পঢ়িব পাৰে তাৰ তালিম দিয়াত ব্যস্ত হৈ পৰিছে। কিন্তু এষাৰ কথা আছে, ভোকতে কল নপকে। ওৰেটো বছৰে যি কাম কৰিবপৰা নাই, সেই কাম এমাহ বা দুমাহত কেনেকৈ সম্ভৱ কৰি তুলিব সেয়া নিশ্চয় তাৎপর্যপূর্ণ হব। আন এক উল্লেখযোগ্য কথা হ, গুণোৎসৱে বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে বিদ্যালয়ৰ আন্তগাঁথনিকে আদি কৰি আন কিছুমান দিশো সামৰি ল'ব। বিদ্যালয় গৃহ, বিদ্যালয় চৌহদৰ দেৱাল, কাৰ্যালয় কক্ষ, ডেক্স-বেঞ্চ, আচবাব, বাগিচা, ছাত্ৰ-ছাত্ৰীৰ ইউনিফর্ম-বেগ-জোতা, উদ্যাপন কৰিব লগা দিৱসৰ লগত সংগতি থকা ফটো আদি। যিবিলাক বিদ্যালয়ত এইবোৰ বস্তু নাই চাকৰি বচোৱাৰ স্বাৰ্থত শিক্ষকসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয় গৃহ নির্মাণকে আদি কৰি সকলোবোৰ বস্তু যোগাৰ কৰিব লগা হৈছে। জানিবপৰা মতে, গুণোৎসৱৰ নামত চৰকাৰৰ ফালৰপৰা প্ৰতিখন বিদ্যালয়ত মাথোন দুশ টকাকৈহে যোগন ধৰিব।

পুৰস্কাৰ আৰু ৰিস্কাৰ, এটা । ইপিঠি আৰু সিপিঠি। পুৰস্কাৰে উৎসাহিত কৰে আৰু ৰিস্কাৰে সজাগ কৰে। শাসন আৰু অনুশাসনে ভাল আৰু রেয়া উপলব্ধি কৰাত সহায় কৰে। সেয়ে প্রায় সকলো ক্ষেত্ৰতে পুৰস্কাৰ আৰু ৰিস্কাৰৰ ব্যৱস্থা আছে। আমাৰ শিক্ষা ব্যৱস্থাতো এটা সময়ত এই দুই ব্যৱস্থা প্রচলিত আছিল। ফলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক ভয় কৰিছিল আৰু শিক্ষকৰ আদেশ-নিৰ্দ্দেশ বিনাদ্বিধাই পালন কৰিছিল। শিক্ষকে পঢ়িবলৈ দিয়া পাঠ শাস্তিৰ ভয়তে হওঁক অথবা ডাবি-ধমকিৰ ভয়তে হওঁক অনিচ্ছা সত্ত্বেও আয়ত্ব কৰিবলৈ বাধ্য হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে স্বভাৱসিদ্ধভাবে শ্ৰেণীকোঠাত দুষ্টালি কৰিছিল যদিও শিক্ষক অহাৰ উমান পালে কাছৰ দৰে হাত-ভৰি গোটাই কিতাপখন উলিয়াই লৈ নপঢ়িলেও পঢ়াৰ ভাও জুৰিছিল। সৰ্বশিক্ষা অহাৰ পাছত এই ব্যৱস্থাৰ আমূল পৰিৱৰ্ত্তন হৈছে। শাস্তিৰ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন সাধন কৰিব নোৱাৰে বৰঞ্চ মানসিক আঘাতহে দিয়েএই ব্যাখ্যাৰ আলমতে সম্প্রতি বিদ্যালয়ৰপৰা শাক্তিৰ ব্যৱস্থা উঠাই দিয়া হৈছে। আমাৰ শিক্ষাবিদ, মনোবিজ্ঞানীসকলে চৰকাৰক বুজাবলৈ সক্ষম হৈছে যৈ, ছাত্ৰ-ছাত্ৰীক মৰম-চেনেহ, উদ্‌গনি, বুজনিৰে শিকালেহে বেছি উপকৃত হব। যাৰ ফলত আগৰ চেকনিৰ আগত বিদ্যানোহোৱা হৈছে। ফলত ছাত্ৰ-ছাত্ৰীয়ে এতিয়া শিক্ষকক ভয় বা শ্রদ্ধা নকৰে। পাঠ পঢ়িবলৈ দিলে পঢ়াৰ তাগিদা অনুভৱ নকৰে। বিদ্যালয়লৈ আহি খেল-ধেমালী আৰু দুষ্টালি লৈ ব্যস্ত হৈ পৰে। বৰ্তমান শিক্ষকৰ সন্মুখতে ছাত্ৰ-ছাত্ৰী কাজিয়াত লিপ্ত হয় ৷ ডাবি-ধমকিত কাজিয়া নাভাঙে। শিক্ষকে টানি-আঁজুৰিহে কাজিয়া ভাঙিব লগা হয়। ফলত ইতিমধ্যে ছাত্র-ছাত্রী শিক্ষকৰ আয়ত্বৰ বাহিৰলৈ গুচি গৈছে। ছাত্ৰসকলে জানে, শিক্ষকে সিহঁতক একো কৰিব নোৱাৰে। শাস্তি দিয়াতো দূৰৰে কথা, ছাৰসকলে সিহঁতক টানকৈ কথা এষাৰো কব নোৱাৰে। কাৰণ সৰ্বশিক্ষাৰ নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীক শাস্তি তথা তিৰস্কাৰ কৰাটোও শাস্তিযোগ্য অপৰাধ। গতিকে শিক্ষকৰ হাজাৰ বুজনি বা সঁকীয়নিৰ পাছতো দুই এখন বিদ্যালয়ৰ বাহিৰে প্ৰায়বিলাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী যে ডেম কেয়াৰহৈ চলিব ইয়াত সন্দেহৰ বিশেষ অৱকাশ নাই বুলি ভাবো। গতিকে শিক্ষকসকলে ছাত্র-ছাত্ৰীৰপৰা সহযোগিতা পোৱাৰ আশা ক্ষীণ বুলি ক'ব পাৰি।

প্রাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্রীসকল কোমলমতীয়া। ভৱিষ্যতৰ ভাল- বেয়া কথা চিন্তা কৰাটো দুৰৰে কথা ভৱিষ্যতনো কি এই বিষয়েও তেওঁলোক অৱগত নহয়। সেয়ে মৰম, বুজনি, উদ্‌গনিক তেওঁলোকে শিক্ষকসকলৰ দুৰ্বলতা বুলি ভাবে। ইফালে আমাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰায়বিলাক ছাত্ৰ-ছাত্ৰীৰে অভিভাৱক অশিক্ষিত আৰু আৰ্থিকভাবে পিছপৰা। কাৰণ চৰকাৰী বিদ্যালয়ৰ পঁয়ালগা অৱস্থালৈ লক্ষ্য কৰি ইতিমধ্যেই শিক্ষিত তথা সচেতন অভিভাবকে নিজৰ ল'ৰা-ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠাইছে। আমাৰ অশিক্ষিত দৰিদ্ৰ অভিভাবকসকলে শিক্ষাৰ প্রকৃত উদ্দেশ্য কি সেয়া নাজানে। তেওঁলোকে জানে, শিক্ষা মানেই চাকৰি আৰু চাকৰি পাবলৈ হ'লে লাগে টকা৷ তেওঁলোকৰ যেহেতু টকা নাই, গতিকে লৰা-ছোৱালীক পঢ়ুৱাই লাভ নাই। বিদ্যালয় লে পঠাব লাগে কাৰণেহে পঠাই আছে। কাৰণ বিদ্যালয়লৈ পঠালে এসাজ ভাত খাবলৈ পাব, বছৰত অন্ততঃ পক্ষে দুযোৰ কাপোৰ পাব। জ্ঞানার্জনৰ উদ্দেশ্যে তেওঁলোকে লৰা-ছোৱালী বিদ্যালয় লৈ নপঠায়, দুযোৰ কাপোৰ আৰু এসাজ ভাতৰ কাৰণেহে পঠায়। সেয়ে লৰা- ছোৱালী বিদ্যালয় লৈ যায় নে নাযায় তেওঁলোকে তাৰো খবৰ লোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰে। ফলত শিক্ষাৰ গুণগত মান আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি খুবেই নিৰাশাজনক। শিক্ষকসকলে ছাত্র-ছাত্ৰীৰ ঘৰে ঘৰে গৈয়ো উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবপৰা নাই। এই বিষয়ে অভিভাবকসকলক সজাগ কৰিবলৈ মিটিং মাতিলেও অভিভাবকসকল মিটিঙ লৈ নাহে। ফলত সম্প্রতি ছাত্র-ছাত্রীসকলে শিক্ষাৰ ফালে পিঠি দিছে। ফলত শিক্ষকসকল বিভ্ৰান্ত হৈ পৰিছে।

ইফালে সর্বশিক্ষা অভিযান মিছনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত এটা ভুল বার্তা গৈছে যে, তেওঁলোকে পঢ়ক বা নপঢ়ক শিক্ষকসকলে তেওঁলোকক ফেল কৰাই ৰাখিব নোৱাৰে। ফলত শ্ৰেণীকোঠাত শিক্ষকসকলে পাঠ এটা বুজাই থাকোঁতে পঢ়াৰ প্ৰতি গুৰুত্ব নিদি ছাত্ৰ- ছাত্ৰীয়ে ইজনে সিজনৰ লগত চিকুটা-চিকুটি কৰি থাকে। কাৰণ পাঠ মুখস্থ নহ'লেও কোনো ক্ষতি নাই। ছাৰে আমাক ফেল কৰাই ৰাখিব নোৱাৰে। বোৰ্ডত লেখি দি হলেও ছাৰে আমাক পাছ কৰাই দিবই লাগিব। নহ'লে ছাৰৰ চাকৰি যাব। কিন্তু সৰ্বশিক্ষাৰ এই ধাৰণা আংশিকভাবে সত্য হলেও সম্পূর্ণভাবে সত্য নহয়। সর্বশিক্ষাই ছাত্ৰ-ছাত্ৰীক ফেল কৰাই ৰাখিবলৈ দিয়া নাই যদিও তাৰ বাবে বিকল্প ব্যৱস্থা কৰিছে। এজন ছাত্ৰ সৰ্বশিক্ষাই নিৰ্দ্ধাৰিত কৰি দিয়া গুণগত অৰ্হতা প্রাপ্তিত সফল নহলে, তেওঁৰ কাৰণে নিদানমূলক শিক্ষাৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ ছাত্ৰজনে প্রয়োজনীয় অর্হতা প্রাপ্ত নোহোৱালৈকে আগৰ শ্রেণীতে ৰখাই থোৱাৰ নিৰ্দ্দেশ দিছে। প্রয়োজনীয় অৰ্হতা প্রাপ্ত হ'লেহে ওপৰ শ্ৰেণীলৈ প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু ছাত্র-ছাত্রী তথা অভিভাবকৰ অসহযোগিতাৰ ফলত বিদ্যালয়সমূহে আন্তৰিকতাৰে এই ব্যৱস্থা পালন কৰিবলৈ ব্যৰ্থ হৈছে। যাৰ ফলতে সৰ্বশিক্ষাত ফেল নাই বুলি এটা ভুল বাৰ্তা গৈছে। মাথোন ছাত্ৰ-ছাত্ৰীয়ে নহয়, অভিভাবকসকলো এই ভুল ধাৰণাৰ চিকাৰ হৈ সৰ্বশিক্ষাত ফেল নাই বুলি ভাবি লৈছে।

শিক্ষাৰ অধিকাৰ আইন-২০০৯ অনুসৰি নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত ৩০ জন আৰু উচ্চ প্রাথমিকৰ কাৰণে ৩৫ জন ছাত্ৰৰ বিপৰীতে এজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিবলৈ নিৰ্দ্দেশ দিছে। কিন্তু চৰকাৰে এতিয়ালৈকে এই ব্যৱস্থা কৰিবপৰা নাই। এতিয়াও বহু বিদ্যালয়ত দুজন শিক্ষকে ড্ৰেশ দুশ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব লগা হৈছে। যাৰ ফলত আন্তৰিকতা থকা সত্ত্বেও শিক্ষকসকলে ছাত্র-ছাত্রীক গুণগত শিক্ষা প্ৰদানত ব্যৰ্থ হৈছে। চৰকাৰে আগৰ পঞ্চম শ্ৰেণীটো নিম্ন প্রাথমিক বিদ্যালয়ৰ অন্তৰ্ভূক্ত কৰিছে। ফলত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীৰ সংখ্যা ছটা লৈ বৃদ্ধি পাইছেদুজনীয়া বা তিনিজনীয়া শিক্ষকে একেলগে ছটা শ্ৰেণীত পাঠদান কৰিব লগা হোৱাত নানান অসুবিধাৰ সন্মুখীন হৈছে। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীৰ পৰিমাণ বৃদ্ধিয়ে প্রাথমিক শিক্ষাৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে বুলি ভবাৰ থল আছে। বিগত ২০১২ বৰ্ষৰপৰা টেট পৰীক্ষাৰ জৰিয়তে শিক্ষক বাচনি কৰি শিক্ষকৰ অভাৱ আঁতৰ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যিক ভিত্তিত শিক্ষক নিযুক্তি দিয়াৰ ফলত টেট শিক্ষকৰপৰা আশানুৰূপ সহযোগিতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে চৰকাৰ। কাৰণ থকা-মেলাৰ অসুবিধাৰ কাৰণে বহু টেট শিক্ষকে সম্প্রতিও ৩০-৪০ কিলোমিটাৰ আঁতৰৰপৰা অহা-যোৱা কৰি শিক্ষকতা কৰি আছে। ফলত আন্তৰিকতা থকা সত্ত্বেও বহু শিক্ষকে আশা কৰা ধৰণে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব নোৱাৰে। লগতে সঘনে সংঘটিত হৈ থকা বন্ধ, যেনে- চকা বন্ধ, নানান সংস্থা, অনুষ্ঠান প্রতিষ্ঠান আদিৰ বন্ধৰ ফলতো তেওঁলোকে বিদ্যালয়লৈ আহিব নোৱাৰে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈ আছে।

দুই এজনৰ বাহিৰে সৰহ সংখ্যক শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়ৱদ্ধ। কিন্তু উপৰিউক্ত নানা অসুবিধাৰ কাৰণে তেওঁলোকে আশা কৰা ধৰণে পাঠদান কৰিবলৈ ব্যৰ্থ হৈছে। সেয়ে চৰকাৰে এই গুণোৎসৱৰ জৰিয়তে শিক্ষকসকলৰ দোষ-ত্রুটি বিচাৰ কৰাৰ পৰিৱৰ্ত্তে চৰকাৰী বিদ্যালয়সমূহ কি কাৰণত ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ পিছপৰি আছে তাৰ কাৰণ চিহ্নিত কৰি সময়োপযোগী উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে গুণোৎসৱে শিক্ষাৰ মানদণ্ড কিছু পৰিমাণে হ'লেও উন্নত কৰিব পাৰিব বুলি আশা কৰিব পাৰি।

(জনসাধাৰণ- ৩১-০৩-১৭)

 

                প্রসংগঃ তিনি তালাক

তালাক ! তালাক !! তালাক!!! বুলি এবাৰতে তিনিবাৰ উচ্চাৰণ কৰাৰ লগে লগে এটা জীৱনৰ এটি ৰঙীন অধ্যায়ৰ যৱনিকা পৰাটো কিমান মর্মান্তিক এই কথা এবাৰৰ কাৰণে হ'লেও ভাবি চোৱা প্ৰয়োজন। সম্প্রতি এই তালাক শব্দটোৱে সমগ্ৰ ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে। চুপ্রিম কোর্টে কৈছে, বিশ্বৰ অন্যান্য সম্প্ৰদায়ৰ মহিলাৰ দৰে ভাৰতীয় মুছলিম মহিলাৰ জীৱন, প্রয়োজন সাপেক্ষে সুৰক্ষা প্ৰদান কৰা হব। সকলোৰে অধিকাৰ সমান। আইনৰ দোহাই দি কাৰো অধিকাৰ খৰ্ব কৰাটো কোনো ক্ষেত্ৰতে উচিত নহয়। চুপ্রিম কোর্টৰ এই মন্তব্যৰ পাছতে সৰ্বভাৰতীয় মুছলিম পার্চনেল লরোর্ডে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, উচ্চন্যায়্যলয়ে যদি তিনি তালাক ব্যৱস্থা ভুলতো বাতিল কৰে তেনেহ'লে এয়াতো কোৰআন পাকক পুনৰ লেখাৰ দৰে হব। মুছলিম পাৰ্চনেল লবোৰ্ডৰ ফালৰপৰা দাবী কৰা হৈছে, মুছলিম আইন পবিত্ৰ কোৰআন, হাদীছৰ আধাৰত প্ৰতিষ্ঠিত, ইয়াক সংসদীয় সংবিধানৰ আধাৰত পৰীক্ষা-নিৰীক্ষা কৰিবপৰা নাযায়।

স্মৰ্তব্য হ, তালাকৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি বিশ্বৰ কুৰিখন মুছলিম দেশে ইতিমধ্যে এই তিনি তালাক প্রথা বাতিল কৰিছে। বাংলাদেশ, পাকিস্তান, ইণ্ডোনেছিয়া এনেকি ইছলামৰ পিতৃভূমি আৰবো আছে এই কুৰিখন দেশৰ তালিকাত। তেনেহ'লে ভাৰতবৰ্ষত এয়া সম্ভৱ নহব কিয় ? এয়া এক লাখটকীয়া প্রশ্ন। ইতিমধ্যে এই তিনি তালাকৰ বিৰুদ্ধে ভাৰতৰ গৰিষ্ঠ সংখ্যক মুছলিম মহিলা মাৰ বান্ধি থিয় দিছে।

পদ্ধতিগতভাবে তালাক তিনি প্ৰকাৰ- (১) তালাকে আহচান বা সর্বোত্তম তালাক (২) তালাকে হাছান বা উত্তম তালাক (৩) তালাকে বদী অর্থাৎ চৰিয়ত বিৰুদ্ধ তালাক।

(১) তালাকে আহচান- যেতিয়া স্ত্ৰী তুহুৰ (ঋতুস্নানৰ পাছত পবিত্ৰ হোৱা অৱস্থা) অৱস্থাত থাকে আৰু গৰ্ভাৱস্থাত নাথাকে তথা যৌনমিলন নিষিদ্ধ নহয় তেতিয়া এক তালাক (অৰ্থাৎ এবাৰ তালাক বুলি কোৱা) দি তিনিটা ইদ্দত (এটা ঋতুস্নানৰ পৰা আন এটা ঋতুস্নানৰ সময়) লৈ কোনো ধৰণৰ যৌন মিলন নকৰাকৈ থাকে তেনেহ'লে স্ত্রী তালাক হৈ যায়। এই অৱস্থাত স্ত্ৰীয়ে ইচ্ছা কৰিলে বেলেগ পুৰুষৰ লগত বিবাহপাশত আৱদ্ধ হব পাৰে। অথবা তালাকপ্রাপ্তা স্ত্রীয়ে ইচ্ছা কৰিলে বা স্বামীয়ে বিচাৰিলে উভয়ে পুনৰ বিবাহপাশত আৱদ্ধ হব পাৰে।

(২) তালাকে হাছান- এই পদ্ধতিত স্বামীয়ে প্ৰতিটো তুহুৰত এটাকৈ তালাক দিব লাগে। এইদৰে তিনিটা তুহুৰত তিনিটা তালাক দিলে স্ত্রী তালাক প্ৰাপ্তা হৈ যায় আৰু স্বামীৰ কাৰণে সেই তালাকপ্রাপ্তা স্ত্রী চিৰদিনৰ কাৰণে হাৰাম (নিষিদ্ধ) হৈ যায়। এই অৱস্থাত স্বামী-স্ত্রী পুনৰ বিবাহপাশত আৱদ্ধ হ নোৱাৰে। অৱশ্যে স্ত্রী যদি বেলেগ কাৰোবাৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু সেই স্বামীৰ মৃত্যু হয় অথবা তালাক দিয়ে তেতিয়া আগৰ স্বামীয়ে তালাকপ্রাপ্তা স্ত্ৰীৰ লগত পুনৰ বিবাহ পাশত আৱদ্ধ হব পাৰে।

(৩) তালাকে বদী- পুৰুষে এবাৰতে তিনি তালাক (তালাক ! তালাক !! তালাক!!!) দিলে সেই তালাককে বদী অর্থাৎ নিষিদ্ধ তালাক বুলি কোৱা হয়। এইদৰে তালাক দিয়া ব্যক্তিজন পাপী বুলি বিবেচিত হয়। ইয়াৰপৰা দেখা গ'ল যে, খঙৰ ভমকত এবাৰতে তিনিবাৰ তালাক শব্দ উচ্চাৰণ কৰি তালাক দিয়াটো ইছলামত বৈধ নহয়। এই বিষয়ে বিখ্যাত লেখক-বুৰঞ্জীবিদ ৰানা ছফীয়ে ইতিহাসৰ আলমত এক গুৰুত্বপূৰ্ণ তথ্য উন্মোচন কৰিছে। এবাৰ আবু এয়াজিদে খঙৰ ভমকত নিজৰ স্ত্ৰীক তিনিবাৰ তালাক বুলি কৈছিল। ৰাতি পাৰ হল। তেওঁৰ খং প্রশমিত হ'ল আৰু ভুল ধৰা পৰিল৷ তেতিয়া তেওঁ ৰাছুল্লাহ(ছাঃ)ৰ ওচৰলৈ গৈ নিজৰ বেদনা ব্যক্ত কৰিলে। তেতিয়া ৰাছুল(ছাঃ)এ ক'লে- যোৱা, এতিয়াও দুবাৰ কবলৈ বাকী আছে। তোমাৰ কোনো তালাক হোৱা নাই। তেতিয়া এয়াজিদে কলে- কিন্তু মইতো তিনিবাৰেই কৈছো। তেতিয়া ৰাছুল(ছাঃ)এ ক'লে- এবাৰত যিমান বাৰেই নোকোৱা কিয়, সেয়া এবাৰ বুলিয়ে গণ্য হব।' কিন্তু সম্প্রতি অধিকাংশ ক্ষেত্ৰতে এই বদীতালাক কার্যকৰী হৈ আছে আৰু ফলত তালাকক লৈ ইমান বিতৰ্ক হৈ আছে।

তালাক শব্দৰ অৰ্থ হৈছে, বিচ্ছিন্ন বা ত্যাগ কৰা। প্ৰকৃতাৰ্থত ইছলামে দাম্পত্য জীৱনক চূড়ান্ত বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ কাৰণেহে তালাকৰ ব্যৱস্থা কৰিছে। স্বামী-স্ত্ৰীৰ মাজত মতবিৰোধ দেখা দিলে চৰিয়ত সমৰ্থিত নিয়মৰ মাজেদি তালাক প্রদানৰ বিধান দিছে ইছলাম। স্বামী-স্ত্ৰীৰ মাজত চৰম বিৰোধ দেখা দিলে ধৈর্য সহকাৰে পৰষ্পৰে সেই মতবিৰোধ আঁতৰ কৰাৰ কাৰণে পৰামৰ্শ দিছে। তথাপিও যদি সেই মতবিৰোধ আঁতৰ কৰা সম্ভৱ নহয় তেনেহ'লে স্বামী আৰু স্ত্ৰীৰ পৰিয়ালৰপৰা এজনকৈ বিচাৰকে সেই বিৰোধ আঁতৰ কৰাৰ কাৰণে যত্ন কৰিব; কিন্তু তাতো যদি বিৰোধ আঁতৰ নহয়, তেতিয়াহে ইছলামৰ অনুমোদিত নিয়মৰ মাজেৰে তালাক কার্যকৰী কৰিব পাৰিব। ৰাছুল (ছাঃ) এ কৈছে- তালাকৰ দৰে ঘৃণনীয় বস্তু আল্লাহই সৃষ্টি কৰা নাই। হজৰত আলী (ৰহঃ)ৰপৰা বর্ণিত হাদীছৰপৰা তালাকৰ ভয়াৱহতা উপলব্ধি কৰিবপৰা যায়। তেওঁ বৰ্ণনা কৰিছে- তোমালোকে বিবাহ কৰাবা; কিন্তু তালাক নিদিবা। তালাক দিয়াৰ ফলত আল্লাহৰ আৰ্শ কঁপি উঠে। আল্লাহই কৈছে, স্বামী-স্ত্ৰীৰ সম্পৰ্ক পোচাক আৰু পিন্ধোতাজনৰ দৰে। গতিকে তালাক দিয়া মানে গাৰপৰা পোচাক খুলি পেলোৱা৷

কিন্তু তালাকৰ প্ৰকৃত অর্থ নজনাকৈ এচাম লোকে তালাকৰ অপব্যাখ্যা কৰি সাধাৰণ কথাতে স্ত্ৰীক একেলগে তিনি তালাক দিয়া দেখা যায়। ইয়াৰ ফলত বহুতো নাৰীৰ জীৱন দুর্বিষহ হৈ পৰে। শ্বাহভানু মোকদমা ইয়াৰ উৎকৃষ্ট উদাহৰণ। তিনি তালাক প্রথাৰ ফলত মহিলাসকলে ভয়-শংকা-অস্বস্তিৰ মাজত কালাতিপাত কৰিব লগা হয়। স্বামীৰ অনুচিত দাবী নিৰৱে মুখ বুজি পালন কৰাৰ লগতে শাৰীৰিক, মানসিক নির্যাতন নীৰৱে সহ্য কৰি থাকিব লগা হয়। কাৰণকেতিয়া কোন মুহূৰ্তত তালাক নামৰ অভিশাপ নামি আহে তাৰ একো ঠিকনা নাই। আজি-কালিতো আকৌ ফোন, হোৱাটচ্এপৰ জৰিয়তেও তালাকৰ ব্যৱস্থা চালু হৈ গৈছে। তিনি তালাকৰ বিষয়টো চুপ্রিম কোৰ্টত বিচাৰাধীন হৈ থকাৰ সময়তে এনেকুৱা দুটা অতি নিন্দনীয় তালাকৰ খবৰ সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈছে। চৌদি আৰব নিবাসী মোস্তাকুদ্দিনে তেওঁৰ হায়দৰাবাদস্থিত ২৫ বছৰীয়া পত্নীক হোৱাটএপ আৰু স্পীড পোষ্টৰ জৰিয়তে তালাক দিয়াৰ লগতে উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰৰ ডাঃ জিয়াউদ্দিনে আকৌ জেবা খাঁন নামৰ এগৰাকী মহিলাক মোবাইলযোগে তিনি তালাক বুলি কৈ স্ত্রীক তালাক দিছে। জেবা খাঁনে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথ যোগীক এই বিষয়ে আবেদন কৰিছে যে, এই কু- প্ৰথাক খতম কৰি দিয়ক, যাতে কোনো পুৰুষে তিৰোতাৰ জীৱন লৈ লৰা-ধেমালী কৰিব নোৱাৰে। ইয়াৰ লগতে মহিলাজনীয়ে ভুল ফতোৱা জাৰি কৰা সকলোকো নিষিদ্ধ কৰাৰ বাবেও আহ্বান জনাইছে।

চুপ্রিম কোর্টৰ লগতে চৰকাৰেও একেলগে দিয়া তিনি তালাকক অনমানৱীয় বুলি মতপোষণ কৰিছে। নিখিল ভাৰতীয় মুছলিম ৰাষ্ট্ৰীয় মঞ্চই এই ক্ষেত্ৰত চুপ্রিম কোর্টৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু তিনি তালাকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাৰণে উত্তৰ প্ৰদেশৰ ফৈজাবাদ, লক্ষ্ণৌকে আদি কৰি পঞ্জাৱৰ জলন্ধৰ, ৰাজস্থানৰ জয়পুৰ, হাৰিয়ানাৰ মেৱাত, উত্তৰাখণ্ডৰ হলদ্বানী তথা ৰামনগৰত অভিযান চলাইছে। মঞ্চৰ ফালৰ পৰা কোৱা হৈছে, একেলগে তিনি তালাক দিয়া অনমাৱীয় আৰু বৰ্তমান ইয়াৰ আৱশ্যকতা নাই। সমান নাগৰিক সংহিতাৰ বিৰোধিতা কৰা নিখিল ভাৰতীয় মুছলিম মহিলা পাৰ্চনেল লবোৰ্ডৰ অধ্যক্ষা শ্বায়েস্তা অম্বৰে কৈছে, তিনি তালাক প্রথা অনুচিত, তেওঁ কৈছে, এয়া এক অত্যাচাৰ, আল্লাহৰ কোনো আইনে কোনো ধৰণৰ অত্যাচাৰ সহ্য নকৰে। বাল বিকাশ মন্ত্ৰী কৃষ্ণা ৰাজে কৈছে, কোনেও কেতিয়াও মহিলাৰ দুখ নুবুজে। উচ্চ ন্যায়ালয়ে এই বিষয়ে স্বাগতযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়ে মহিলাৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব। এইদৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, যোগী আদিত্য নাথকে আদি কৰি বহুতেই তিনি তালাক প্রথা বিলোপৰ পোষকতা কৰিছে।

মুছলিম পাৰ্চনেল লৰ দোহাই দি একমাত্র নিখিল ভাৰতীয় মুছলিম পাৰ্চনেল লবোর্ডে ইয়াৰ বিৰোধিতা কৰি আছে। মুছলিম পাৰ্চনেল লবোৰ্ডৰ জ্যেষ্ঠ সদস্য মৌলনা ৰশিদ ফৰংগী মহলীয়ে জনাইছে যে, অহা ১৫ আৰু ১৬ এপ্ৰিলত বোৰ্ডৰ অধ্যক্ষ ৰাবে হাছনী নদবীৰ অধ্যক্ষতাত লক্ষ্ণৌস্থিত নদৱাত এখন দুদিনীয়া বৈঠক অনুষ্ঠিত হব আৰু তাত তিনি তালাক আৰু বাবৰী মছজিদৰ বিষয়ে আলোচনা কৰা হব। বৈঠক নিখিল ভাৰতীয় মুছলিম পাৰ্চনেল লবোৰ্ডৰ উপাধ্যক্ষ ছৈয়দ কল্‌বে ছাদিকে কৈছে, এই বিষয়ে চৰকাৰৰ হস্তক্ষেপ গ্রহণযোগ্য নহয়। চৰকাৰে যদি এই বিষয়ে হস্তক্ষেপ নকৰে তেনেহ'লে ডেৰ বছৰৰ ভিতৰত তিনি তালাক প্রথা বিলোপ কৰা হ'ব।

অহা ১১ মে'ত তিনি তালাকৰ ওপৰত চুপ্রিম কোর্টে শুনানি গ্ৰহণ কৰিবএই শুনানিৰ পাছতহে তিনি তালাকৰ স্থিতি স্পষ্ট হব।

(জনসাধাৰণ- ২৬-০৪-১৭)

 

                 ভেক্‌চিন আতংক।

যোৱা কিছুদিনৰপৰা বৰপেটা অঞ্চলত ভেক্‌চিনৰ নামত ব্যাপক চাঞ্চল্য সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ফেচবুক, হোৱাটচআপ সকলোতে ভেকচিনৰ চর্চা। অভিভাৱকসকল শংকিত বিব্রত। ছাত্র-ছাত্রীসকল আতংকিত। বহু ছাত্র-ছাত্ৰীয়ে বিদ্যালয় লৈ যাবলৈ এৰিছে। এনেকুৱা উৰাবাতৰি প্ৰচাৰ হৈ আছে যে, এই ভেক্‌চিন ললে পুৰুষ চল্লিছ বছৰ বয়সত নংপুসক হব। লগতে এয়াও প্ৰচাৰ হৈ আছে যে, এই ভেক্‌চিন মাথোন মুছলমানসকলকহে প্ৰদান কৰা ব। বহুতে ইয়াক অন্ধবিশ্বাস বুলি কৈছে যদিও আন একাংশই এয়া মুছলমানসকলক নংপুসক কৰাৰ কাৰণে আৰএছএচৰ কূট-কৌশল বুলি কৈ আছে। উৰা-বাতৰি, ফলত নানা মুনিৰ নানা মত। বিভিন্নজনৰ লগত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হব পৰা গৈছে যে, ইয়াৰ অন্তৰালত ক্ৰিয়া কৰি আছে এবিপি নিউজৰ এটি প্রতিবেদনেকিছুদিন আগতে এবিপি নিউজত ছ'ছিয়েল মিডিয়াৰ হাৱালা দি ভেকচিনৰ জৰিয়তে মুছলমানসকলক নংপুসক কৰা শীর্ষক এটি প্রতিবেদন প্ৰচাৰ হৈছিল। তাত এজন মুছলমানে দাবী কৰিছিল যে, ভাৰতৰ সকলো বিদ্যালয়ত সৰু আইনামৰ বেমাৰবিধৰ প্ৰতিষেধকৰ নামত মুছলমানসকলক নংপুসক কৰাৰ কাৰণে ভেক্‌চিন দিয়া হ', সেই ভেক্‌চিন যেন কোনেও গ্ৰহণ নকৰে। এই প্রতিবেদন প্ৰচাৰৰ পাছতে স্পষ্টীকৰণ দিয়া হৈছিল, এয়া এক ভিত্তিহীন বাতৰি আৰু ইয়াৰ কোনো গ্রহণযোগ্যতা নাই। কিন্তু স্পষ্টীকৰণৰ প্ৰতি গুৰুত্ব নিদি এই বাতৰিটো ছ'ছিয়েল মিডিয়াত ব্যাপকভাবে চৰ্চা হবলৈ ধৰে আৰু বনজুইৰ দৰে বিভিন্ন মহলত বিয়পি পৰে। সম্প্ৰতি এটা মহলত এনেকৈও প্ৰচাৰ হৈ আছে যে, ভেক্‌চিন প্ৰদানৰ ফলত বহুতো ছাত্র-ছাত্রী অসুস্থ হৈ চিকিৎসাধীন হব লগা হৈছে। কিন্তু স্মৰণযোগ্য যে, এতিয়ালৈকে কোনো এখন বিদ্যালয়তে কোনো ভেক্‌চিন প্ৰদানৰ বাতৰি নাই। চিলনীয়ে কাণ নিলে শুনিয়ে অশিক্ষিতৰপৰা শিক্ষিতলৈকে চিলনীৰ পাছত দৌৰি ফুৰিছে।

এই অপ-প্ৰচাৰ ৰোধৰ বাবে অসম স্বাস্থ্য সঞ্চালয়াকৰ ফালৰপৰা কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই যদিও বৰপেটা জিলা শিক্ষা বিভাগ আৰু বৰপেটা জিলা স্বাস্থ্য সমিতিৰ ফালৰপৰা এক গোহাৰি প্ৰকাশ কৰা হৈছে। তাত জনোৱা হৈছে যে, যোৱা কিছুদিনৰপৰা বৰপেটা জিলাৰ বিভিন্ন অঞ্চল(স্কুল, অংগনৱাড়ী কেন্দ্ৰ আৰু উপ-স্বস্থ্য কেন্দ্ৰ )ত প্ৰতিষেধক বেজীৰ ওপৰত কিছু অপ-প্ৰচাৰ চলি থকা পৰিলক্ষিত হৈছে। আমি ৰাইজৰ জ্ঞাতার্থে জনাওঁ যে, চৰকাৰী প্ৰতিষেধক ব্যৱস্থাত কোনো আসোঁৱাহ নাই আৰু ই সম্পূর্ণভাবে বিজ্ঞান সন্মত। কিন্তু স্মৰণযোগ্য যে, কি প্ৰকাৰৰ প্ৰতিষেধক বেজী প্ৰদান কৰিব এই বিষয়ে গোহাৰিটোত কোনো উল্লেখ নাই। তদুপৰি সচৰাচৰ দেখিবলৈ পোৱা যায় যে, কোনো ভেকচিন প্ৰদানৰ পূৰ্বে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে পোষ্টাৰিং আদি কৰা হয়। কিন্তু এই ক্ষেত্ৰত কোনো সজাগতা সভা অনুষ্ঠিত বা পোষ্টাৰিং কৰা হোৱা নাই। গতিকে শিক্ষা বিভাগ আৰু জিলা স্বাস্থ্য সমিতিৰ ফালৰপৰা প্ৰকাশিত জাননীকো ৰাইজে বিশ্বাসত লবপৰা নাই। স্মর্তব্য যে, সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মাজত ব্যাপক হাৰে এই অপ-প্ৰচাৰ চলি থকাৰ মাজতো কিন্তু অসমীয়া হিন্দু সম্প্ৰদায়ৰ মাজত ইয়াৰ কোনো প্ৰভাৱে পৰা নাই।

এতিয়া প্রশ্ন উদয় হয়, সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলত ইমান সহজে এই উৰাবাতৰি কেনেকৈ বিয়পি পৰিল? ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰকে আদি কৰি বিভিন্ন জাতীয়তাবাদী সংগঠনে সততে চলাই থকা মুছলমান বিৰোধী কাৰ্য-কলাপে ইয়াৰ বাবে মূলতঃ দায়ী। কাৰণ চৰকাৰ আৰু জাতীয়তাবাদী সংগঠনৰ কিছুমান কাৰ্য-কলাপৰ ফলত সংখ্যালঘূ মুছলমানসকল সম্প্রতি এক ধৰণৰ হীনমন্যতাত ভূগি আছে। অসমত সংঘটিত হৈ থকা উচ্ছেদ অভিযান, সকলো ধৰণৰ বৈধ নথি থকা সত্ত্বেও ডি ভোটাৰসজাইডিটেনচন কেম্পত আৱদ্ধকৰণ, আধুনিকীকৰণৰ নামত মাদ্ৰাছা মূল শিক্ষাৰ লগত চামিলকৰণ, চৰ উন্নয়ন পৰিষদ বিলুপ্তিৰ কুচ্‌কাৱাজ, বাংলাদেশীৰ নামত সকলো মুছলমানকে সন্দেহৰ দৃষ্টিৰে চোৱাৰ লগতে মুছলমান সমাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক বুলি সঘনে যি প্ৰচাৰ চলোৱা হয় এইবোৰ কাৰকে এই উৰাবাতৰি বিয়পোৱাত টনিকৰ দৰে কাম কৰিছে বুলি ভবাৰ থল আছে।

জনসংখ্যা বৃদ্ধিৰ হাৰ অন্যান্য উচ্চজাতিৰ তুলনাত মুছলমান সমাজত অধিক যদিও ইয়াৰ কাৰণে চৰকাৰো কম-বেচি পৰিমাণে দায়ী। কাৰণ চৰকাৰে এতিয়ালৈকে মুছলমান সমাজত শিক্ষা বিস্তাৰৰ কাৰণে কোনো ফলপ্ৰসূ আন্তৰিক পদক্ষেপ গ্ৰহণ কৰা নাই। ফলত মুছলমানসকল শিক্ষাৰ ক্ষেত্ৰত অন্যান্য সম্প্ৰদায়ৰ তুলনাত পিছপৰি আছে। শিক্ষাৰ ক্ষেত্ৰত পিছপৰি থকাৰ ফলত সিহঁতৰ মাজত এতিয়ালৈকে বিজ্ঞানসন্মত মানসিকতা গঢ়ি উঠা নাইমুখ দিছে আল্লাহই আহাৰো আল্লাহই দিবএই নীতিৰ ওপৰত বহু মুছলমান এতিয়াও বিশ্বাসী। যাৰ ফলত অন্যান্য উচ্চজাতিৰ তুলনাত মুছলমান সমাজত জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু বেছি হোৱাটো তেনেই স্বাভাৱিক। জনসংখ্যা বৃদ্ধি ৰোধৰ কাৰণে মুছলমানসকলক সজাগ কৰাৰ পৰিৱৰ্ত্তে সততে ভয়াৱহভাবে প্ৰচাৰ কৰা হয় যে, যি হাৰে মুছলমান জনসংখ্যা বৃদ্ধি পাই আছে অচিৰেই অসমৰ হিন্দুসকল সংখ্যালঘুত পৰিণত হ'ব আৰু অসমৰ পৰৱৰ্ত্তী মুখ্যমন্ত্ৰী মুছলমান হব। এই প্ৰচাৰৰ ফলত অন্যান্য সম্প্ৰদায়ৰ মানুহে মুছলমান সম্প্ৰদায়ক অৱজ্ঞা তথা সন্দেহৰ দৃষ্টিৰে চায়। ইয়াৰ ফলত মুছলমানৰ মাজত হীনমন্যতাৰ মনোভাব গা কৰি উঠিছে।

কিন্তু যি ধৰণে মুছলমানৰ জনসংখ্যা বৃদ্ধি পোৱা বুলি প্ৰচাৰ চলোৱা হয়, প্ৰকৃততে মুছলমান জনসংখ্যা সিমান ভয়াৱহ হাৰে বৃদ্ধি পাইছেনে? ২০১৫ চনৰ ১৪ চেপ্তেম্বৰত অগ্রদূত কাকতত প্ৰকাশ পোৱা পৰিসংখ্যাই কিন্তু বেলেগ চিত্র এখনহে দাঙি ধৰে। কাকতখনত প্ৰকাশ পাইছিল যে, ১৯৫১ ৰপৰা ১৯৬১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ৩২.৪৯ শতাংশ, ২০০১ চনত ২৯.৫২ শতাংশ আৰু ২০১১ চনত ২৪.৬০ শতাংশ। এই পৰিসংখ্যাই মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে হ্রাস পাই থকাহে দেখাইছে। তথাপিও মুছলমান জনসংখ্যা অভাৱনীয় হাৰে বৃদ্ধি পোৱা বুলি অপ-প্ৰচাৰ চলাই মুছলমানসকলক আতংকিত কৰি ৰখা হয়।

নৰেন্দ্ৰ মোদী চৰকাৰৰ আমোলত ধৰ্মীয় সহিষ্ণুতাৰ অৱনতি ঘটিছে বুলি কমিচন অৱ ইণ্টাৰনেচনেল ৰিলিজিয়াচ ফ্রিডমনামৰ এটি সর্বদলীয় স্বাধীন অধিবেশনৰ প্ৰতিবেদনত এইদৰে প্ৰকাশ পাইছিল। বাতৰিটো প্ৰকাশ কৰিছিল আইএনএচ নামৰ বাৰ্তা সংস্থাই। ভাৰতত ধৰ্মীয় সংখ্যালঘূৰ সাংবিধানিক আৰু আইনী চেলেঞ্জশীর্ষক এই প্রতিবেদনত কোৱা হৈছিল যে, ভাৰতত দলিত আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় বৈষম্য আৰু নিৰ্যাতনৰ চিকাৰ হয়। ২০১৪ চনৰ পাছৰপৰা দেশখনত এই সম্প্রদায়বোৰৰ ওপৰত বিদ্বেষসূচক অপৰাধ, সামাজিকভাবে এঘৰীয়া কৰা আৰু বলপূর্বকভাবে ধর্মান্তৰকৰণ নাটকীয়ভাবে বৃদ্ধি পাইছে।' গো-ৰক্ষাৰ নামত বাটে-পথে মুছলমান হত্যা, আজান বিতৰ্ক আদিৰ ফলত ভাৰতীয় সংখ্যালঘু মুছলমানসকলৰ মনত স্বাভাৱিকভাবেই এক অবিশ্বাসৰ মনোভাৱ গা কৰি উঠিছে। এই অবিশ্বাসৰ মনোভাব ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ মুছলমান সমাজতো ব্যাপকভাবে প্রবেশ কৰিছে। সম্প্রতি অসমত আৰএচএচৰ প্ৰাধান্য বৃদ্ধি পোৱাৰ ফলতো মুছলমানসকল কম-বেছি পৰিমাণে শংকিত হে উঠিছে। তেওঁলোকে কেঁচুটোকে এতিয়া সাপটো যেন দেখিবলৈ লৈছে। ইয়াৰে সুযোগ লৈ দুষ্টচক্ৰবোৰে প্ৰতিষেধক আতংক বিয়পাই শেন মেলি ৰং চাইছে বুলি লে হয়তো অত্যুক্তি কৰা নহ'ব।

এই উৰা-বাতৰি প্ৰচাৰৰ অন্তৰালত মুছলমানক সকলক ভেক্‌চিনৰ সুবিধাৰ পৰা আঁতৰাই ৰখাৰ কু-অভিসন্ধিও থাকিব পাৰে কোনোবা দুষ্টচক্ৰৰ। উৰাবাতৰিৰ প্ৰভাৱত মুছলমানসকলে চৰকাৰৰ ভেক্‌চিন ব্যৱস্থাটোক সন্দেহৰ চকুৰে চাবলৈ ল'ব আৰু নিজৰ সন্তানক এই ভেক্‌চিনৰপৰা আঁতৰাই ৰাখিব। ফলত এই সম্প্ৰদায়ৰ এক বৃহৎ সংখ্যক লৰা-ছোৱালী এটা সময়ত সৰু আইৰ কবলত পৰি পংগু হব। মাথোন এই সৰু আইৰ ভেক্‌চিনৰ ক্ষেত্রতে নহয়, ভৱিষ্যতেও এই সম্প্রদায়ে চৰকাৰৰদ্বাৰা প্ৰৱৰ্ত্তিত এই ধৰণৰ বহু সুবিধা যথা টিটেনাচ, ডিফথেৰিয়া, হুপিং কাঁহ, যক্ষ্মা, পলিও, হেপাটাইচিচ আদিৰ প্ৰতিষেধক ভেকচিনপৰা বঞ্চিত হব। কোনোবা দুষ্টচক্রই এনেকুৱা পৰিকল্পনা কৰিও এই ভয়ংকৰ পৰিকল্পনা কৰিব পাৰে। গতিকে আমি সজাগ হৈ এই দুষ্টচক্ৰক চিনাক্ত কৰি ভৱিষ্যতৰ কাৰণে ভয়মুক্ত হোৱাটো খুবেই জৰুৰী। কাৰণ এই ভেকচিনৰ লগত আমাৰ উত্তৰ পুৰুষৰ কল্যাণ নিহিত হৈ আছে। দুষ্টচক্ৰক চিনাক্ত আৰু ভয়মুক্ত বাতাৱৰণ সৃষ্টিৰ কাৰণে চৰকাৰে সমুচিত পদক্ষেপ গ্ৰহণ কৰা উচিত।

(জনসাধাৰণ- ১৯-০৫-১৭)

 

            ডোনাল্ড ট্রাম্পৰ বিদেশ ভ্রমণ ।

বিশ্বৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্র যুক্তৰাষ্ট্ৰৰ সদ্য নির্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প নদিনীয়া ভ্রমণ কাৰ্যসূচিৰ অংশ হিচাপে শনিবাৰ দিনা চৌদি আৰবত উপস্থিত হৈছে। ট্রাম্পৰ লগত পত্নী মেলানিয়াও আছে আৰু স্বয়ং চৌদি আৰবৰ বাদচাহে তেওঁক আগবঢ়াই নিছে। ক্ষমতাত অধিষ্ঠিত হোৱাৰ চাৰিমাহ পাছত এয়া ট্রাম্প প্রথম বিদেশ ভ্রমণ। বিতর্কিত মন্তব্যৰ কাৰণে ট্রাম্প পূৰ্বৰে পৰাই বিতর্কিত হৈ আছে। ৰাষ্ট্ৰপতি পদত অভিষিক্ত হোৱাৰ পাছতে তেওঁ অভিবাসী আৰু মুছলমান বিৰোধী মনোভাব ব্যক্ত কৰি বহুতকে ক্ষুব্ধ কৰি তুলিছে। তেওঁ ইতিমধ্যে বিশ্বৰ সাতখন মুছলমান প্রধান দেশৰ নাগৰিকক যুক্তৰাষ্ট্ৰত প্ৰবেশত নিষেধাজ্ঞা জাৰী কৰিছে। অৱশ্যে নানাজনৰ বিক্ষোভ আৰু আদালতৰ হস্তক্ষেপৰ ফলত এখন দেশৰপৰা সম্প্ৰতি এই নিষেধাজ্ঞা তুলি লোৱা হৈছে।

স্মৰ্তব্য যে, মুছলমান বিৰোধী বক্তব্যৰ পাছত ট্রাম্প তেওঁৰ ভ্ৰমণ কাৰ্যসূচিৰ আৰম্ভণিত মুছলমান প্রধান দেশ এখনতে পদার্পণ কৰিছে। চৌদি আৰব ভ্ৰমণ কালত তেওঁ ইছলাম ধর্ম সম্বন্ধে ভাষণ প্রদান কৰিব। আটাইতকৈ তাৎপর্যপূর্ণ কথা হ, মুছলমান সংখ্যা গৰিষ্ঠ ছখন দেশৰ নাগৰিকক যুক্তৰাষ্ট্ৰত প্ৰবেশৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা জাৰী কৰা হৈছে তাৰ খচৰা প্ৰস্তুত কৰিছিল ট্রাম্পৰ মুখ্য পৰামৰ্শদাতা ষ্টিফেন মিলাৰে। এইজন ষ্টিফেন মিলাৰেই চৌদি আৰব ভ্রমণ কালত ট্রাম্পে ইছলাম ধর্ম সম্বন্ধে প্রদান কৰিব লগীয়া ভাষণ লেখাৰ দায়িত্বও পালন কৰিছে। ট্রাম্পে ৫০ গৰাকী মুছলিম নেতাৰ সন্মুখত এই ভাষণ প্রদান কৰিব। এই ভাষণ প্ৰদানৰ সময়ত তেওঁ যে মুছলমান বিৰোধী নহয়, এই কথা মুছলিম নেতাসকলক কেনেকৈ প্রতীয়মান কৰাবলৈ সক্ষম হয় তাৰ প্ৰতি বিশ্লেষকসকলৰ দৃষ্টি নিৱদ্ধ আছিল। বিগত দুদিনৰ ভ্ৰমণ সূচি পৰ্যালোচনা কৰিলে ট্রাম্প তেওঁৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচি সফলতাৰেই ৰূপায়ন কৰিছে বুলি কব পাৰি।

কাৰণ শনিবাৰ দিনা ট্রাম্পেেচৗদি আৰবৰ বাদচাহ চলমান বিন আব্দুল আজিজৰ লগত মিলিত হৈছে আৰু প্ৰতিৰক্ষা বিষয়ক ১১০ বিলিয়ন ডলাৰ (প্রায় সাত লাখ (কোটি)ৰ এক চুক্তি স্বাক্ষৰ কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰেক্স টিলচনৰ মতে, প্ৰতিৰক্ষা, অর্থনৈতিক আৰু অন্যান্য বিষয়ত বন্ধুত্বৰ বন্ধন দৃঢ় কৰাৰ কাৰণে আৰু ৩৫০ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। চুক্তি স্বাক্ষৰ কৰাৰ পাছত ট্রাম্পে সাংবাদিকসকলক জানিবলৈ দিছে যে, এয়া এক খুবেই ভাল দিন আছিল। চৌদি আৰবে আমেৰিকাত চাকৰিৰ ক্ষেত্ৰত শ ডলাৰ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। চৌদি আৰবৰ শিল্প আৰু খনিজ মন্ত্ৰী খালিদ আল-ফালিহে কৈছে ডোনাল্ড ট্রাম্প বিষয়ে আমেৰিকাত নানা ধৰণৰ কেলেংকাৰীৰ গুজব থাকিলেও চৌদি আৰবৰ লগত ট্রাম্পৰ ঘনিষ্টতাত কোনো অসুবিধা নহয়। তেওঁ আৰু কৈছে- আমাৰ সম্পৰ্ক যুক্তৰাষ্ট্ৰৰ লগত আৰু দেশখনত এতিয়া এজন মহান নেতা আছে। ট্রাম্পে প্ৰশাসনৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে, তাত আমি সন্তুষ্ট। চৌদি পৰৰাষ্ট্ৰ মন্ত্ৰী আদেল আল-জুবাইৰে কৈছে- আৰব আৰু ইছলামিক বিশ্ব ৰ মাজত যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে। ট্রাম্পে বাদচাহৰ লগতে চৌদি আৰবৰ আঢ্যৱন্ত মানুহৰ লগত তৰোৱাল (ছোৰ্ড) ডেন্সতো অংশ গ্রহণ কৰিছে। ৰাষ্ট্ৰপতি পদত অভিষিক্ত হোৱাৰ আগত কোনো প্রশাসনিক পদত কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা নথকাৰ ফলত বিশ্লেষকসকলে ট্রাম্প ৰাজনীতিত অনভিজ্ঞ বুলি সমালোচনা কৰিছিল, কিন্তু আৰব ভ্রমণ কালত বিশ্লেষকসকলৰ সেই ধাৰণা যে ভুল আছিল সেয়া ট্রাম্পে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

চৌদি আৰবৰপৰা তেওঁ ইজৰাইললৈ যাব। তাত তেওঁ ইহুদিসকলৰ ধৰ্মীয় স্থান জেৰুজালেমৰ ওৱেষ্টাৰ্ণ ৱাল ভ্ৰমণ কৰিব। ইজৰাইল সম্পর্কে ট্রাম্পৰ নীতি অস্পষ্ট আৰু বিতর্কিত। তেওঁ ইজৰাইলত অৱস্থিত যুক্তৰাষ্ট্ৰৰ দূতাবাস তেলআবিবৰপৰা স্থানান্তৰ কৰি জেৰুজালেম লৈ নিয়াৰ পক্ষপাতি। ইয়াৰ অৰ্থ এই যে, তেওঁ জেৰুজালেমকে ইজৰাইলৰ ৰাজধানী হিচাপে পছন্দ কৰে। তেওঁ এই স্থিতিত অটল হৈ থাকিলে ফিলিস্তিন আৰু আৰব নেতাসকলৰ বিৰাগভাজন হব বুলি বহুতে ধাৰণা কৰিছে।

এই স্থিতিৰ মাজতো ট্রাম্পে মধ্য-প্রাচ্যত কেনেকৈ শান্তি প্রতিষ্ঠা কৰিবলৈ গৈ আছে এই বিষয়ে বিশ্লেষকসকলে ইতিমধ্যে বিশ্লেষণ আৰম্ভ কৰিছে। ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ৭০ বছৰ পাছতো ইজৰাইলী আৰু ফিলিস্তানীসকলৰ মাজত শান্তি প্রতিষ্ঠা হোৱা নাই। যুক্তৰাষ্ট্ৰই ২০১৪ চনত দুখন দেশৰ মাজত শান্তি প্রতিষ্ঠাৰ কাৰণে উদ্যোগ গ্রহণ কৰিছিল যদিও সেয়া ফলপ্ৰসূ হোৱা নাছিল। ফলত এই শান্তি প্রক্ৰিয়াত সম্প্ৰতি অচলাৱস্থা বিৰাজ কৰি আছে। ২০০৮ চনৰপৰা বৰ্তমান লৈ ইজৰাইল আৰু ফিলিস্তিনৰ হামাচৰ মাজত তিনিবাৰ যুদ্ধ সংঘটিত হৈছে। ট্রাম্প ফিলিস্তিনী আৰু ইজৰাইলীসকলৰ মাজৰ ব্যৱধান কমাবলৈ চেষ্টা কৰিবনে? এইদৰে প্রশ্ন উত্থাপন হৈছে। ফিলিস্তিনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ আৰু ইজৰাইলৰ প্ৰধান মন্ত্রী বেনিয়ামিন নেতানিয়াহু ২০১০ চনৰপৰা কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই। মাহমুদ আব্বাছে কৈছে যে, তেওঁ ট্রাম্পৰ শান্তি প্ৰক্ৰিয়াৰ অধীনত নেতানেহুৰ লগত আলোচনাত বহিবলৈ সন্মত আছে। ফলত ট্রাম্পৰ ইজৰাইল ভ্ৰমণ এই ক্ষেত্ৰত খুবেই তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।

ট্রাম্প ইটালিৰ ভেটিকানলৈ গৈ বিশ্বৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ ধৰ্মগুৰু পোপ ফ্রান্সিচৰ লগত আলোচনাত মিলিত হোৱাৰ কথা আছে। পোপ ইতিমধ্যে ট্রাম্পৰ প্ৰতি অসন্তুষ্ট হৈ আছে। কাৰণ নিৰ্বাচনী প্রচাৰৰ সময়ত ট্রাম্পে মেক্সিকোৰপৰা আমেৰিকালৈ অভিবাসীৰ প্ৰব্ৰজন বন্ধ কৰিবলৈ সীমান্তত দেৱাল নিৰ্মাণৰ পোষকতা কৰিছিল। তেতিয়া পোপে মন্তব্য কৰিছিল যে, যিজনে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব তেওঁ খ্ৰীষ্টান নহয়। গতিকে পোপৰ লগত সাক্ষাৰ সময়ত ট্রাম্প অস্বস্তিত পৰাৰ সম্ভাৱনা আছে।

বেলজিয়ামৰ ব্ৰুচেলচ্‌ত ট্রাম্পে দুদিন অৱস্থান কৰিব। তাত তেওঁ নেটোৰ সদৰ কাৰ্যালয় লে যাব আৰু ন্যাটোৰ সন্মিলনত ভাষণ প্রদান কৰিব। তাত তেতিয়া ট্রাম্পৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন হব বুলি ধাৰণা কৰা হৈছে। কাৰণ এটা সময়ত তেওঁ বিশ্বৰ অন্যতম সামৰিক মিত্ৰ-জোঁটৰ সক্ষমতা সম্পর্কে প্রশ্ন উত্থাপন কৰি ন্যাটোক আওকলীয়া বুলি সমালোচনা কৰিছিল। তেওঁ ইউৰোপীয়ান ইউনিয়ন চমুকৈ ইইউ মিত্ৰ-জোঁটৰো সমালোচনা কৰিছিল। অৱশ্যে ন্যাটোৰ নেতাসকলৰ লগত আলোচনাত মিলিত হোৱাৰ পাছত তেওঁ ন্যাটো আৰু ইইউ বিৰোধী অৱস্থানৰপৰা আঁতৰি আহিছে। স্মৰ্তব্য যে, ট্রাম্প যিদিনা ন্যাটোৰ সদৰ দপ্তৰলৈ যাব সিদিনাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা জার্মানিৰ চেঞ্চেলৰ এংগেল মাৰ্কেলৰ লগত বৈঠকত মিলিত হএই বৈঠকৰ আগত মাৰ্কেল আৰু ওবামাই বাৰ্লিনৰ ব্ৰাডেনবুর্গত এক অনুষ্ঠানত ভাষণ প্রদান কৰিব। এই ঐতিহাসিক স্থানতে এটা সময়ত বার্লিন দেৱাল আছিল। ওবামাই নিশ্চয় বার্লিন দেৱাল নিৰ্মাণৰ ফলত হবপৰা বিপদৰ বিষয়ে বক্তব্য প্রদান কৰিব আৰু বিপৰীত পক্ষে ট্রাম্প এই দেৱাল নিৰ্মাণৰ পোষকতা কৰিব, ফলত তাত ট্রাম্পৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন হোৱাৰ সম্ভাৱনা নুই কৰিবপৰা নাই বিশ্লেষকসকলে। ট্রাম্পে এই বিক্ষোভ কেনেকৈ মোকাবিলা কৰে সেয়া নিশ্চয় লক্ষ্যণীয় হ

ট্রাম্পৰ ভ্ৰমণে মধ্য-প্রাচ্যত কেনেকুৱা প্ৰভাৱ পেলায় সেই বিষয়ে অধিক জানিবলৈ হ'লে আমি তেওঁৰ নদিনীয়া ভ্ৰমণসূচিৰ শেষৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব।

(জনসাধাৰণ-২৪-০৫-১৭)

 

পশুধন কিনা-বেচা আইনে অসুবিধাত পেলাব সৰল-সহজ কৃষকক

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্রণয়ন কৰি পশুধন কিনা-বেচাৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ৰদ্বাৰা ২৩ মে'ৰ ৰাজপত্ৰত প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি যাড়, বলধ, গাই, , দমৰা, চেউৰী, উট আদি কিনা-বেচাৰ ক্ষেত্ৰত এই আইন প্রযোজ্য হব। নতুন আইনখনক পশুধনৰ বিৰুদ্ধে নির্মমতা ৰোধক আইন-২০১৭ (পশুধন বজাৰ নীতি আইন) নামেৰে জনা যাব। এই আইনৰ জৰিয়তে গৰু, , উট আদি পোহনীয়া জন্তু কিনা-বেচাৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আৰোপ কৰা হৈছে। পশুধন বিক্ৰীৰ ক্ষেত্ৰত বজাৰ কমিটিৰ সদস্য সচিবে তলত দিয়া বিষয়সমূহ নিশ্চিত হোৱাৰ পাছতহে পশুধন বিক্ৰী কৰিব পাৰিব। পশুধনৰ প্ৰকৃত মালিকৰ নাম-ঠিকনাসহ ফটোযুক্ত প্রমাণ পত্ৰৰ লগতে বিক্ৰী কৰিব লগা পশুৰ বিৱৰণ আৰু পশুধন যে কচাইখানাত বিক্ৰী কৰিবলৈ অনা হোৱা নাই এই বিষয়ে নিশ্চিত হোৱাৰ পাছতহে পশুধন বিক্ৰীৰ বাবে যোগ্য বুলি বিবেচিত হব।

ক্ৰয় কৰাৰ ক্ষেত্ৰতো কিছুমান বিষয় নিশ্চিত হোৱাৰ পাছতহে ক্রেতাই পশুধন কিনিব পাৰিব। ক্ৰেতাৰ নাম ঠিকনা সম্বলিত পৰিচয় পত্ৰৰ লগতে ৰেভিনিউ নথিপত্র চাই মানুহজন যে কৃষক এই বিষয়ে বজাৰ কমিটি নিশ্চিত হব লাগিবক্রেতাই পশুধন কিনাৰ সময়ত নিশ্চিতি প্ৰদান কৰি ঘোষণা পত্ৰ দিব লাগিব যে, সি, (ক) ক্ৰয়ৰ পাছত ছমাহৰ ভিতৰত পশুধন বিক্ৰী নকৰে। (খ) পশুধন কোনো ধর্মীয় উদ্দেশ্যত ব্যৱহাৰ কৰা নহয় (গ) ৰাজ্যিক পশুধন সুৰক্ষা কমিটিৰ অনুমতি অবিহনে বেলেগ ৰাজ্যৰ মানুহৰ ওচৰত পশুধন বিক্ৰী নকৰে বুলি লেখিত নিশ্চিতি প্ৰদানৰ পাছতহে ক্রেতা পশুধন ক্ৰয় কৰাৰ বাবে যোগ্য বিবেচিত হব। ইয়াৰ উপৰিও গোশালা, পশু কল্যাণ সন্থা আদিত পশুধন বিক্ৰীৰ ক্ষেত্ৰত কিনোতাই ঘোষণা পত্র দিব লাগিব যে, পশুধন বধৰ বাবে কিনা হোৱা নাই, কৃষিকৰ্মৰ বাবেহে কিনা হৈছে। গৰু ম'হৰ চোৰাং চালান বন্ধ কৰাৰ কাৰণে নতুন বজাৰ নীতিও কাৰ্যকৰী কৰা হ'ব। এখন ৰাজ্যৰ সীমাৰপৰা ২৫ কিলোমিটাৰ আৰু আন্তর্জাতিক সীমাৰপৰা ৫০ কিলোমিটাৰৰ কম অভ্যন্তৰত থকা বজাৰ সমূহ নিষিদ্ধ কৰা হ'ব।পশুধন বজাৰৰপৰা আঁতৰাই নিয়াৰ সময়ত কিছুমান নীতি-নিয়ম পালন কৰিব লাগিব। ক্রেতাই ক্ৰয় ৰচিদৰ কপি নিজৰ লগত ৰখাৰ লগতে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়, সংশ্লিষ্ট জিলাৰ মুখ্য পশু চিকিৎসা বিষয়া, বজাৰ কমিটি আৰু বেচোতাক একপিকৈ দিব লাগিব। তদুপৰি সংশ্লিষ্ট ব্যক্তি আৰু বজাৰ কমিটিয়ে নথিবোৰ ছমাহৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব লাগিব। এই ছমাহৰ ভিতৰত বিভাগীয় সশ্লিষ্ট বিষয়াই নথিবোৰ পৰীক্ষাৰ কাৰণে বিচাৰিলে তেওঁক যোগান ধৰাটো বধ্যতামূলক হব। আইন কার্যকৰী কৰাৰ কাৰণে ৰাজ্যিক আৰু জিলা পৰ্যায়ত কাৰ্যকাৰিণী সমিতি থাকিব। জিলা পৰ্যায়ৰ সমিতিত ৰাজহ চক্ৰ বিষয়া অথবা জিলা ন্যায়াধীশ অধ্যক্ষ হিচাপে থাকিব।

ভাৰতৰ ২৯ খন ৰাজ্যৰ ভিতৰত ২৪ খনতে পূৰ্বৰে পৰাই গো-সুৰক্ষা সম্পৰ্কীয় আইন আছে। একমাত্র কেৰেলা, পশ্চিম বংগ, অৰুণাচল প্রদেশ, মিজোৰাম, মেঘালয়, নগালেণ্ড, ত্ৰিপুৰা, চিকিম আদি ৰাজ্যত গো-হত্যাৰ ক্ষেত্ৰত কোনো বাধা-নিষেধ নাই। কিছুমান ৰাজ্যত গো-হত্যা জামিনযোগ্য অপৰাধ আৰু কিছুমান ৰাজ্যত জামিন বিহীন অপৰাধ। কিছুমানত এবছৰৰ কাৰাদণ্ডৰ বিধান আছে, কিছুমানত আকৌ দুই বছৰৰ। গুজৰাটত গো-হত্যা কৰিলে আক্যে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ ব্যৱস্থা আছে। আমাৰ অসমত ১৫ বছৰ তলৰ গো-হত্যা কৰা নিষেধ। ১৫ বছৰৰ ওপৰৰ অথবা আঘাতপ্রাপ্ত কামৰ বাবে অনুপযুক্ত পশুধনক বিভাগীয় কর্তৃপক্ষৰ অনুমতি লৈ বধ কৰিব পাৰে। এই আইন উলংঘা কৰিলে অতিৰিক্ত ছমাহৰ জেল আৰু ১০০০ টকা জৰিমনা বিহাৰ বিধান আছে। কিন্তু বর্তমান এই আইনখনে সমগ্ৰ ভাৰতবৰ্ষকে সামৰি লব আৰু সকলো ৰাজ্যৰ কাৰণে পশুধনৰ বিৰুদ্ধে নির্মমতা ৰোধক আইন-২০১৭প্ৰয়োগ কৰা হব। এই আইন অহা তিনি মাহৰ ভিতৰত কাৰ্যকৰী কৰা হব বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

এই আইন ৰাজপত্ৰত প্ৰকাশিত হোৱাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আইনখন পাছ হোৱাৰ পাছতে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কৈছে- এই আইনৰ ফলত দেশৰ লাখ লাখ মানুহৰ কৰ্মসংস্থান নোহোৱা হব। কেৰেলাৰ বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথানাই কৈছে- এই বিজ্ঞপ্তি মানৱ অধিকাৰৰ পৰিপন্থী। সৰ্বভাৰতীয় মঙহ আৰু পশুধন ৰপ্তানি এচোচিয়েশ্বনৰ সম্পাদক প্রধান ডি, বি শাভৰৱালে কৈছে- ভাৰতবৰ্ষৰ ৯০ শতাংশ গৰু ম'হ মধ্যভোগীৰ জৰিয়তে ক্রয়-বিক্রী হয়, মাথোন ১০ শতাংশ গৰু ম'হহে মালিকে নিজে বিক্ৰী কৰে। ফলত এই ক্রয়-বিক্ৰীৰ ক্ষেত্ৰত নেতিবাচক প্রভাৱ পৰাৰ লগতে চামৰাৰ লগত সম্পর্কিত কাৰখানাসমূহ ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ২০১২ চনৰ এক তথ্য অনুসৰি জনা যায় যে, ভাৰতবৰ্ষত প্ৰতি বছৰ ৩৬৪৩ মিলিয়ন মেট্রিক টন মাংস উৎপন্ন আৰু ইয়াৰে ১৯৬৩ মেট্রিকটন দেশত ব্যৱহাৰ হয় আৰু ১৬৮০ মেট্রিক টন মাংস বিদেশলৈ ৰপ্তানি কৰা হয়। আন এক তথ্য অনুসৰি ভাৰতত ১ লাখ কোটি টকাৰ মাংসৰ ব্যৱসায় হয়। যোৱা বিত্তীয় বৰ্ষত ২৬,৩০৩ কোটি টকাৰ মাংস ৰপ্তানি হৈছিল বুলি জনা যায়। আইনখনে এই ব্যৱসায়িক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। একমাত্র কোৰবানীৰ বাহিৰে সচৰাচৰ বয়সিয়াল গৰু ম'হহে মাংসৰ বাবে বধ কৰা হয়, কিন্তু এই আইনৰ কাৰণে বয়সিয়াল গৰু ম'হবিলাকৰ বৰ্তমান স্বাভাৱিক মৃত্যু হব। ফলত গো-পালক কৃষকসকল আর্থিক লোকচানৰ সন্মুখীন হব। তদুপৰি আইনখন কাৰ্যকৰী কৰাৰ পাছতে মুছলমানসকলৰ বক্ৰীদ। ইমান দিনে মুছলমানসকলে বক্ৰীদৰ সময়ত হাজাৰ হাজাৰ গৰু-ম'হ কোৰবানী দি আহিছে, কিন্তু এই নিষেধাজ্ঞাৰ ফলত মুছলমানসকল এইবাৰ প্ৰথমবাৰৰ কাৰণে গৰু, ই কোৰবানী দিয়াৰপৰা বিৰত থাকিব লাগিব। সেয়ে তেওঁলোকৰ ওপৰত এই আইনৰ প্ৰভাৱ কি ধৰণে পৰে সেয়াও নিশ্চয় লক্ষ্যণীয় হব।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীও এই আইন লৈ হতবাক হৈ পৰিছে। কাৰণ পশ্চিম বংগত গো-মাংস নিষিদ্ধ নহয়। বিজেপি শাসিত গোৱাও বিমোৰত পৰিছে। তদুপৰি পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কোনোটোতে গো-মাংস নিষিদ্ধ নহয়। গতিকে এই আইন প্রয়োগৰ ক্ষেত্ৰত সকলো ৰাজ্যতে একে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ, নে কোনো কোনো ৰাজ্যৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা হব এই বিষয়ে প্রশ্ন উত্থাপন হোৱাটো তেনেই স্বাভাৱিক। কাৰণ ইতিমধ্যে বিজেপি চৰকাৰে গো-মাংস লৈ দ্বৈত ভূমিকা গ্ৰহণ কৰি আহিছে। এফালে উত্তৰ ভাৰতত গো-মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰিছে আৰু আনফালে উত্তৰ-পূব ভাৰতৰ কিছুমান ৰাজ্যত গো-মাংস নিষিদ্ধ নহয় বুলি মুকলিভাবে নিশ্চয়তা প্রদান কৰিছে। অহা বছৰ নগালেণ্ড, মেঘালয় আৰু মিজোৰামৰ বিধান সভা নির্বাচন। গতিকে খ্ৰীষ্টানসকলৰ সংখ্যাধিক্যলৈ লক্ষ্য কৰি বিজেপি নেতৃত্বই জনাই দিছিল যে, বিজেপি ক্ষমতালৈ আহিলেও গো- মাংস নিষিদ্ধ নহয়। মেঘালয় বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক দ্ৰবিড় খাৰস্তিয়ে সংবাদ মাধ্যমৰ আগত বিবৃতি দি কৈছিল- এই কথা স্বার্থান্বেষী মহলৰপৰা অযথা প্ৰচাৰ কৰা হৈছে। বিজেপি ক্ষমতালৈ আহিলেও গো-মাংস বিক্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহব। এই প্ৰণয়নৰ পাছত এতিয়া কি নীতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। খনোক দেখি বান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰেএই নীতিৰ আধাৰত চলিলে আইনখন কাৰ্যকৰী কৰাত অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত। তদুপৰি আইনখন প্ৰয়োগৰ আগতে ইয়াৰ ওপৰত চৰ্চা হোৱা উচিত আছে বুলি বহুতে ধাৰণা কৰে। কাৰণ মাংসৰ ক্ষেত্ৰখনৰ বাহিৰেও আমাৰ সৰল-সহজ মানুহবিলাকে গৰু বিক্ৰীৰ ক্ষেত্ৰত নানা ধৰণৰ হাৰাশাস্তি হোৱাৰ সম্ভাৱনা আছে। কৃষকসকলে আগতে বয়সিয়াল গৰু ম'হ বিক্ৰী কৰি আৰ্থিকভাবে লাভবান হৈছিল, কিন্তু এই আইনৰ ফলত কৃষকসকল সেই অৰ্থৰপৰা বঞ্চিত হব। চৰকাৰে কৃষকসকলৰ সেই আর্থিক ক্ষতি পূৰণ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষ্যণীয় হব।

(জনসাধাৰণ- ৩০-০৫-২০১৭)

 

পশুধন কিনা-বেচা আইন সম্পর্কে ন ন বিতর্ক।

গো-হত্যা বন্ধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে পশুধন কিনা-বেচাৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আৰোপ কৰি যি অধিসূচনা জাৰী কৰিছে তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতব্যাপী মিশ্রিত প্রতিক্রিয়া সৃষ্টি হৈছে। এই অধিসূচনাৰ বিৰুদ্ধে প্রথমে প্রতিবাদ মুখৰ হৈ উঠিছিল কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন। এই নিষেধাজ্ঞা সন্দৰ্ভত কেৰেলাৰ মুখ্যমন্ত্ৰী বিজয়নে মত ব্যক্ত কৰিছে যে, কোনে কি খাব বা নাখাব সেয়া কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি আছে। এই সিদ্ধান্তৰ ফলত চৰকাৰে হাজাৰ হাজাৰ মানুহৰ জীৱিকাৰ বাট বন্ধ কৰি আছে। চৰকাৰে বিজ্ঞপ্তি প্রকাশৰ আগতে ৰাজ্য চৰকাৰসমূহৰ লগত আলোচনা কৰা উচিত আছিল বুলিও তেওঁ মন্তব্য কৰিছে। কেৰেলা বিধানসভাৰ বিৰোধী দলৰ দলপতি কংগ্ৰেছৰ চেন্নিথলাই কৈছে- মোদী চৰকাৰ প্ৰথমৰ পৰাই মানুহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি আছে আৰু এই সিদ্ধান্ত ইয়াৰ জলন্ত উদাহৰণ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে এই বিজ্ঞপ্তিৰ বিৰুদ্ধে ইতিমধ্যে নিষেধাজ্ঞা জাৰী কৰি চাৰি সপ্তাহৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰপৰা স্পষ্টীকৰণ বিচাৰিছে। উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত কোৱা হৈছে যে, কোনে কি খাব, কি নাখাব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ প্ৰতিগৰাকী ব্যক্তিৰে আছে, ইয়াক বেলেগে নিৰ্ধাৰণ কৰি দিব নোৱাৰে।

কেৰেলাৰ পাছতে পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ে নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰিছে। সোমবাৰে তেওঁ সংবাদমেলত কৈছে যে, প্রাণীসম্পদ ৰাজ্যৰ এখতিয়াৰ্ভূক্ত। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অসংবিধানিক। আমি এই নিৰ্দেশ নামানো আৰু মানিবলৈ বাধ্য নহয়। ভাৰতীয় জনতা দলক আক্ৰমণ কৰি তেওঁ কৈছে যে, কোনে কি খাব, কি নাখাব সেয়া ঠিক কৰি দিয়াৰ তেওঁলোক কোন? তেওঁ আৰু কৈছে যে, হঠাৎ ৰমজানৰ সময়ত এই সিদ্ধান্ত লোৱা হল কিয়? সংশ্লিষ্ট ৰাজ্য বা কাৰো লগত আলোচনা নকৰাকৈ কিয় এনেকুৱা সিদ্ধান্ত লোৱা হল এই বিষয়েও তেওঁ প্রশ্ন উত্থাপন কৰিছে। লগতে তেওঁ ক্ষোভ প্রকাশ কৰিকৈছে যে, কেন্দ্ৰীয় চৰকাৰে এইদৰে ৰাজ্যৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে চেষ্টা কৰি আছে। কেন্দ্ৰীয় চৰকাৰে একতৰফা এই নিষেধাজ্ঞা জাৰী কৰিছে। আমি এই বিজ্ঞপ্তি নামানো আৰু মানিবলৈ বাধ্য নহয়। তেওঁ আৰু কৈছে যে, পশুধনৰ ওপৰত যিকোনো নিষেধাজ্ঞাৰ বিৰুদ্ধে আমি। এয়া অসংবিধানিক। ইয়াৰ বিৰুদ্ধে আমি আইনী যুঁজত নামিম। তেওঁ আৰু অভিযোগ কৰি কৈছে যে, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে যুক্তৰাষ্ট্ৰীয় কাঠামোত আঘাত হানিছে। পশুধন সম্পর্কে পশ্চিমবংগৰ নিজস্ব আইন আছে। সেয়ে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ ওপৰত জাপি দিবনোৱাৰে। তেওঁ আৰু কৈছে- পশ্চিমবংগ ভৌগোলিকভাবে বাংলাদেশ, নেপাল আৰু ভুটান সীমান্তত অৱস্থিত। চুবুৰীয়া ৰাজ্যৰ পৰাও এই দেশলৈ গৰু ৰপ্তানি কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ গো-হত্যা আৰু বিক্ৰী বন্ধৰ ফলত আইন শৃংখলা পৰিস্থিতিত বিঘ্ন ঘটিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰিছে।

নিখিল ভাৰতীয় জমিয়ত-উল-কোৰেশ্বীৰ উপ-সভাপতি মহম্মদ ছালিমে কৈছে- যিবোৰ গৰু-ম'হ কামৰ অনুপযুক্ত হয় সেইবোৰ বিক্ৰী কৰি কৃষকে কৃষিকাৰ্যৰ বাবে নতুন গৰু কিনে, তদুপৰি দুখীয়া মানুহে মাছ আৰু মুৰগীৰ মঙহৰ খৰচ বহন কৰিবলৈ অক্ষম। সেয়ে চৰকাৰে এই আইন কার্যকৰী কৰিলেও সেয়া আমি নামানো।

বিভিন্ন জনৰ এনেকুৱা বিৰূপ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য কৰি মংগলবাৰে কেন্দ্রীয় মন্ত্রী ভেংকয়া নাইডুই কৈছে যে, পশুধন বিক্ৰীক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰ আৰু ব্যৱসায়িক সংগঠনবোৰে কিছু সমস্যাৰ কথা উল্লেখ কৰিছে। বিজ্ঞপ্তি জাৰী হোৱাৰ পাছত এনেকুৱা ১৩ টা আবেদন পোৱা হৈছে। চৰকাৰে এই বিষয়ে আলোচনা কৰি আছে। সোমবাৰে কিছু কিছু ক্ষেত্ৰৰপৰা কোৱা হৈছে যে, বিৰোধিতা হ্ৰাস কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই বিলত কিছু সংশোধন কৰিব পাৰে। এই সন্দৰ্ভত চৰকাৰ পশুধনৰ পৰিভাষা সলনি কৰি ম'হক এই পৰিভাষাৰপৰা বাদ দিয়াৰ সম্ভাৱনা আছে। কাৰণ ম'হৰ লগত আমাৰ দেশৰ বৃহৎ অর্থনীতি জড়িত হৈ আছে।

১৯৬৯ বৰ্ষৰপৰা ভাৰতে মঙহ ৰপ্তানি কৰি আছে। সমগ্ৰ বিশ্বৰ ৫৮ শতাংশ ম'হ উৎপন্ন হয় ভাৰতত৷ উত্তৰ প্ৰদেশৰপৰা দেশৰ ভিতৰত সৰ্বাধিক ম'হৰ মঙহ ৰপ্তানি কৰা হয়। উত্তৰ প্ৰদেশৰ পাছতে আছে পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ। ভাৰতৰ মুঠ মঙহৰ ৬০ শতাংশ উৎপন্ন হয় গৰু-ম'হৰপৰা। মঙহৰ ব্যৱসায়ে ভাৰতৰ অৰ্থনীতিত প্ৰভূত বৰঙণি আগবঢ়াই আছে। মঙহ প্ৰস্তুতৰ কাৰণে উত্তৰ প্ৰদেশত দেশৰ ভিতৰত সৰ্বাধিক ৩১৭ টা পঞ্জীয়নকৃত কচাইখানা আছে। ৰপ্তানিকাৰক গোট আছে ২৪ টা । ভাৰতৰ মুঠ ৰপ্তানিকৃত মঙহৰ ৬৭ শতাংশ ৰপ্তানি হয় উত্তৰ প্ৰদেশৰপৰা। ভাৰতৰপৰা ৰপ্তানিকৃত সামগ্ৰীৰ ভিতৰত বাচমতি চাউল প্ৰথম আৰু ম'হৰ মঙহ দ্বিতীয় স্থানত আছে। ২০১০-১১ বৰ্ষত ১.৯ আৰু ২০১২-১৩ বৰ্ষত ২.৩ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ মঙহ ৰপ্তানি কৰা হৈছিল। ২০০৯ চনৰ তুলনাত সম্প্ৰতি মঙহৰ ৰপ্তানি প্রায় তিনি গুণ বৃদ্ধি পাইছে বুলি এক তথ্যত প্ৰকাশ পাইছে। কৃষি আৰু খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্রাধিকাৰীৰ তথ্য অনুসৰি ভাৰতে ২০১১-১২ বৰ্ষত ৭,০৪৬ কোটি টকা মূল্যৰ ৫,৪০,৪০৬ টন, ২০১২-১৩ বৰ্ষত ৮,৮০২ কোটি টকা মূল্যৰ ৫,৮৪,৩৯২ টন, ২০১৩-১৬ বৰ্ষত ১৩,৯১৭ কোটি টকা মূল্যৰ ৭,১৯,২৫৬ টন মঙহ ৰপ্তানি কৰিছে। এই আর্থিক দিশৰ কথা লক্ষ্য কৰিয়ে হয়তো চৰকাৰে ম'হৰ ক্ষেত্ৰত এই বাধা-নিষেধ উঠাই লোৱাৰ কাৰণে চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হৈছে।

ভাৰতবৰ্ষ এখন কৃষিপ্রধান দেশ। আমাৰ দেশৰ কৃষি-ক্ষেত্ৰখনত গৰু-ম'হৰ অৱদান অনস্বীকার্য। এটা সময়ত এনেকুৱা অৱস্থা আছিল যে, গৰু-ম'হক বাদ দি কৃষিৰ কথা চিন্তা কৰাটো একেবাৰে অসম্ভৱ আছিল। (ট্রেক্টৰৰ আৱিস্কাৰৰ ফলত সম্প্রতি অৱশ্যে এই স্থিতি কিছু সলনি হৈছে।) কৃষিক্ষেত্ৰৰ প্ৰতি থকা গৰুৰ অৱদানৰ ফলতে হয়তো আমাৰ ঋষি-মুনিসকলে অতীজৰেপৰা গৰুক পবিত্ৰ জ্ঞান কৰি আহিছে। আমাৰ চৰকাৰেও গৰুৰ অৱদানৰ প্ৰতি লক্ষ্য কৰি গো-ধন উন্নয়নৰ কাৰণে নানা ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে, যেনে- গো-শালা উন্নয়ন আঁচনি, গো-সদন আঁচনি, কেন্দ্রীয় গো-সম্বর্ধনা কাউন্সিল, বিস্তীর্ণ পশু উন্নয়ন আঁচনি আদি। মাথোন হিন্দু মানুহেই নহয় মুছলমানসকলেও গৰুক যথেষ্ট মৰম চেনেহ কৰে। কাৰণ গৰুৰ লগতে কৃষিকৰ্মৰ লগত জড়িত মানুহৰ অন্ন-বস্ত্ৰ-বাসস্থানৰ কথা নিহিত হৈ আছে। বহুতে গৰু পুহিও জীৱিকা নির্বাহ কৰেএনেকুৱা বহু মানুহ আছে, যিসকলে কম বয়সৰ গৰু কিনি লালন-পালন কৰি ডাঙৰ-দীঘল কৰি বিক্ৰী কৰিও দুপইচা উপাৰ্জন কৰে। কিন্তু গৰু-ম'হ বেচা-কিনাৰ ক্ষেত্ৰত এই বিজ্ঞপ্তিৰ জৰিয়তে যিদৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, এতিয়া বহুতেই গৰু পুহিবলৈ ভৰসা নাপাব। কাৰণ গৰু কামৰ অনুপযোগী হলে সেইবোৰ বিক্ৰী কৰি আগতে বহুতে লাভবান হৈছিল। নক'লেও হ'ব যে, কামৰ অনুপযোগী গৰু-ম'হ নিশ্চয় মঙহৰ উদ্দেশ্যেই মানুহে কিনা-বেচা কৰিছিল। এই বিজ্ঞপ্তিৰ জৰিয়তে যেহেতু গো-হত্যা বন্ধ কৰিব বিচৰা হৈছে, সেয়ে কামৰ অনুপযুক্ত গৰুবোৰ এতিয়া কিনা-বেচা কৰাৰ পৰিৱৰ্তে স্বাভাৱিকভাবে মৰিবলৈ এৰি দিব লাগিব। ফলত কৃষকসকল যথেষ্ট আর্থিক ক্ষতিৰ সন্মুখীন হব আৰু ইয়াৰ প্ৰভাৱ আমাৰ দেশৰ অৰ্থনীতিৰ ওপৰতো পৰিব। তদুপৰি লক্ষ্যণীয় বিষয় যে, এই আইনখন কাৰ্যকৰী কৰা হব তিনিমাহৰ ভিতৰত। অর্থাৎ মুছলমানসকলৰ বক্ৰীদ্ৰ আগে আগে। ইয়াৰপৰা বহুতে ভাবিবলৈ বাধ্য হৈছে যে, আইনখন মুছলমানসকলক উদ্দেশ্য কৰি প্ৰণয়ন কৰা হৈছে। এই বিষয়ে চৰকাৰে মুছলমানসকলক কেনেকৈ আশ্বস্ত কৰে সেয়া নিশ্চয় লক্ষ্যণীয় হব।

(জনসাধাৰণ-৩১-০৫-১৭)

 

   হাইস্কুল শিক্ষান্তপৰীক্ষা তেতিয়া আৰু এতিয়া

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল চাই এক নষ্টালজিক ভাবনাই মনটোক আলোড়িত কৰি তুলিছে। ইয়াৰ কাৰণ মই ১৯৭১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এজন পৰীক্ষাৰ্থী আছিলো আৰু সেই বছৰতে টিহু হাইস্কুলৰপৰা খগেন শৰ্মাই প্রথম স্থান অধিকাৰ কৰিছিল। এইবাৰ ৪৬ বছৰ পাছত টিহুৰ পৰাই পাৰ্থপ্ৰতীম ভূঞাই প্রথম স্থান অধিকাৰ কৰিলে। পার্থক্য এইখিনিয়ে যে, তেতিয়া খগেন শৰ্মাই চৰকাৰী বিদ্যালয়ৰপৰা পৰীক্ষাত অৱতীৰ্ণ হৈ এই সুখ্যাতিৰ অধিকাৰী হৈছিল আৰু এতিয়া পাৰ্থপ্ৰতীম ভূঞাই জাতীয় বিদ্যালয়, টিহুৰপৰা অৱতীৰ্ণ হৈ এই সুখ্যাতি লাভ কৰিলে। খগেন শৰ্মাই ৮০০ নম্বৰৰ ভিতৰত লাভ কৰিছিল ৬৯৬ নম্বৰ (৮৭ শতাংশ) আৰু পাৰ্থপ্ৰতীম ভূঞাই লাভ কৰিছে ছশ নম্বৰৰ ভিতৰত ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ)। এতিয়া ছশ নম্বৰৰ পৰীক্ষা দিব লাগে আৰু তেতিয়া সৰ্বমুঠ ৮০০ নম্বৰৰ পৰীক্ষা দিব লাগিছিল। লগতে ইচ্ছুক পৰীক্ষাৰ্থীয়ে অতিৰিক্ত বিষয় হিচাপে ঐচ্ছিক গণিত বা বিজ্ঞান বিষয়ত ১০০ নম্বৰৰ পৰীক্ষা দিব পাৰিছিল। অতি উত্তম আৰু উত্তম ছাত্ৰ-ছাত্ৰীয়ে সেই অতিৰিক্ত বিষয়ত পৰীক্ষা দিছিল। সেই অতিৰিক্ত বিষয়ত প্রাপ্ত নম্বৰৰপৰা ৭০ নম্বৰ বাদ দি বাকী ৩০ নম্বৰ থাকিছিল মূল নম্বৰৰ লগত যোগ কৰা হৈছিল। এই অতিৰিক্ত নম্বৰে ছাত্ৰ-ছাত্ৰীৰ নম্বৰৰ হাৰ বৃদ্ধি হোৱাত সহায় কৰিছিল। মোৰ যিমানদূৰ মনত আছে, স্মৃতিয়ে প্ৰতাৰণা নকৰিলে, খগেন শৰ্মাই ছটা বিষয়ত লেটাৰ মাৰ্ক পাইছিল। তেওঁ হয়তো ইংৰাজী আৰু অসমীয়াত লেটাৰ মাৰ্ক পোৱা নাছিল। কিন্তু সম্প্রতি এনে কোনো বিষয় নাই যত লেটাৰ মাৰ্ক পোৱা নাযায়। এইবাৰৰ পৰীক্ষাত দহটা স্থানপ্রাপ্তৰ তালিকাত ২৯ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে খগেন শৰ্মাৰ দিনত দহটা স্থানপ্রাপ্তৰ তালিকাত মাথোন দহজন ছাত্র-ছাত্রীয়ে আছিল। এইবাৰৰ পৰীক্ষাত দশম স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ৯৬.৬৭ শতাংশ নম্বৰ। অৰ্থাৎ এই বছৰ খগেন শৰ্মা পৰীক্ষাত অৱতীৰ্ণ হলে প্রথম স্থান অধিকাৰ কৰাতো দূৰৰে কথা স্থানপ্রাপ্তৰ তালিকাতে নাথাকিলহেঁতেন।

কিন্তু সঁচাকৈয়ে খগেন শৰ্মা এইসকল স্থানপ্রাপ্ত পৰীক্ষাৰ্থীতকৈ দুৰ্বল আছিলনে? মুঠেই নহয় । কাৰণ তেতিয়াৰ শিক্ষাব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষাব্যৱস্থাৰ মাজত বহু প্রভেদ। তাহানিৰ প্ৰায়ভাগ শিক্ষকে অপ্রশিক্ষিত আছিল আৰু দ্বিতীয় অথবা তৃতীয় বিভাগত উত্তীৰ্ণ হৈ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈছিল ৷ তদুপৰি বিদ্যালয়ৰ আন্তঃগাঁথনি আজিৰ তুলনাত খুবেই নিম্নমানৰ আছিল। আজিৰ দৰে তেতিয়া বস্তুনিষ্ঠ প্রশ্ন নাছিল, প্ৰশ্নবোৰ আছিল বর্ণনামূলক। ষোল্ল নম্বৰৰ এটা প্ৰশ্নৰ উত্তৰত কমেও দুই পৃষ্ঠা লেখিব লগা হৈছিল। এতিয়া বহুতো প্রশ্নৰ উত্তৰত এটা বা দুটা শাৰী লেখিলে এক বা দুই নম্বৰ দিয়াৰ ব্যৱস্থা আছে, কিন্তু তেতিয়া কোনো এটা প্ৰশ্নৰে উত্তৰত এক বা দুই নম্বৰৰ ব্যৱস্থা নাছিল। বহুকেইটা বিষয়ত তেতিয়া ১৬ নম্বৰৰ পাঁচটা প্ৰশ্নৰ উত্তৰ লেখিব লাগিছিল। ইয়াৰ মাজতে এটা প্ৰশ্নত বিছ নম্বৰৰ ব্যৱস্থা আছিল। তাত পাঁচ নম্বৰকৈ চাৰিটা প্ৰশ্নৰ উত্তৰ লেখিব লগা হৈছিল। সেয়াই আছিল চমু প্রশ্ন। গতিকে একমাত্র অতি উত্তম ছাত্ৰইহে ষোল্ল নম্বৰৰ ভিতৰত তেৰ বা চৈধ্য নম্বৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। উত্তম ছাত্ৰবিলাকে ষোল্ল ভিতৰত বাৰ বা দহ নম্বৰকৈ আহৰণ কৰিছিল। মজলীয়া বিধৰ ছাত্ৰ-ছাত্ৰীয়ে পাঁচৰ পৰা আঠ নম্বৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। গতিকে একমাত্র গণিতৰ বাহিৰে নব্বৈৰ ওপৰত নম্বৰ পোৱাটো প্রায় অসম্ভৱ আছিল।

তেতিয়া আন এটা অসুবিধা আছিল এয়ে যে, এতিয়া মুঠ ৬০০ নম্বৰৰ পৰীক্ষা দিলেই হয়, কিন্তু তেতিয়া মুঠ ৮০০ নম্বৰৰ পৰীক্ষা দিব লগা হৈছিল। অতি উত্তম আৰু উত্তম ছাত্র-ছাত্রীবিলাকে আকৌ ৯০০ নম্বৰৰ পৰীক্ষা দিব লগা হৈছিল। তদুপৰি এতিয়া এটা বছৰত যিখিনি শিকোৱা হয় তাৰেপৰা পৰীক্ষাত প্ৰশ্নবোৰ আহে। কিন্তু তেতিয়া প্ৰায় চাৰি বছৰৰ পাঠ্যক্ৰমৰপৰা প্ৰশ্নবোৰ আহিছিল। এইবোৰ অসুবিধাৰ কাৰণে বহু ভাল ছাত্ৰ-ছাত্ৰীয়েও ভাল নম্বৰ আহৰণৰ পৰা বঞ্চিত হৈছিল । এতিয়া তিনিটা বিষয়ত বিছনম্বৰকৈ প্ৰেক্টিকেল নম্বৰৰ ব্যৱস্থা আছে, তেতিয়া এই সুবিধা নাছিল। এতিয়া বানান ভুল হলেও নম্বৰ কটা নাযায়, তেতিয়া বানান ভুল হলে নম্বৰ কটা গৈছিল। প্রশ্ন নম্বৰ ভুল হলেও এতিয়া নম্বৰ দিয়া হয়, তেতিয়া প্ৰশ্ন নম্বৰ ভুল হলে নম্বৰ দিয়াৰ ব্যৱস্থা নাছিল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থী আছিল ৩,৭২, ৭৪০ গৰাকী৷ ইয়াৰে উত্তীৰ্ণ হৈছে ১,৭৮,৬৫৬ জন অৰ্থাৎ শতকৰা ৪৭.৯৪ জন। খগেন শৰ্মা পৰীক্ষাত অৱতীৰ্ণ হোৱা বছৰত অৰ্থাৎ ১৯৭১ চনত মুঠ ৭৮০০৭ গৰাকী পৰীক্ষাৰ্থী আছিল। ইয়াৰে নিয়মীয়া পৰীক্ষাৰ্থী আছিল ২২,৭৩৩ জন আৰু প্ৰাইভেট পৰীক্ষার্থী আছিল ৫৫,২৭৪ জন। নিয়মীয়া পৰীক্ষাৰ্থীৰ উত্তীর্ণৰ হাৰ আছিল ৫৮.২৫ শতাংশ আৰু প্ৰাইভেট পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল ২৩.৪১শতাংশ। তেতিয়া প্রাইভেট পৰীক্ষাৰ্থীৰ কাৰণে উত্তীৰ্ণৰ হাৰ সদায় নিম্নগামী হৈছিল।

অসম মাধ্যমিক শিক্ষা এক্ট১৯৬১ৰ অধীনত ১৯৬২ চনৰ ২৯ জানুৱাৰীত তদানীন্তন ডি,পি,আই এছ চি ৰাজখোৱাক চেয়াৰমেন আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মহম্মদ এন, ইছলামক সম্পাদক হিচাপে লৈ অসম মাধ্যমিক শিক্ষা পৰিষদখন গঠন কৰা হৈছিল। ১৯৬২ চনৰ ১৪ মাৰ্চৰপৰা অসম মাধ্যমিক শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। প্রথম পৰ্যায়ত পৰিষদখনে এক বৃহৎ সংখ্যক প্রাইভেট পৰীক্ষাৰ্থীৰ বোজা বহন কৰিব লগা হৈছিল। তদুপৰি আজি-কালিৰ দৰে তেতিয়া আন্তঃগাঁথনিৰ সুবিধাও নাছিল। ইফালে প্ৰতি বছৰে নিয়মীয়া পৰীক্ষাৰ্থীতকৈ প্রাইভেট পৰীক্ষাৰ্থীৰ সংখ্যা বাঢ়ি গৈ আছিল। যাৰ ফলত পৰিষদে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছিল। কিন্তু এটা কথা ঠিক যে, আজি-কালিৰ দৰে মাৰ্কশ্বিট বিসংগতি, প্রশ্ন কাকত বিসংগতি আদি দেখা দিয়া নাছিল।

১৯৬৪ চনৰ পৰা ১৯৭৪ চনলৈ এই এটা দহকত নিয়মীয়া আৰু প্ৰাইভেট পৰীক্ষাৰ্থীৰ সংখ্যা আৰু উত্তীৰ্ণৰ হাৰ কেনেকুৱা আছিল তলৰ তালিকাখন চালেই তাৰ উমান পোৱা যাব।

বর্ষ নিয়মীয়া পৰীক্ষার্থী প্রাঃপরীক্ষার্থী- নিয়মীয়াউত্তীৰ্ণ উত্তীৰ্ণৰ হাৰ প্ৰাইভেট উত্তীৰ্ণ হাৰ  এক্সপেল

১৯৬৪-২২,৪৩৬ জন ১৫,২৫২ জন ১০০৮২ জন   ৪০.৫  ৩৩৩৬ ২২.৩ জন      ৯৮জন

১৯৬৫-২৪০০৮ জন ১৯১১৫ জন ১০৩৫০ জন   ৪৩.১  ৪২৯৭  ২২.৫ জন       ৯৮জন

১৯৬৬-২৪২৫৮ জন ২৪১৮৯ জন ১১৮৫২ জন  ৪৮.৮৫ ৬৪২১ ২৬.৫৪ জন       ১১১জন

১৯৬৭-২৪৪১০ জন ৩২০১৬ জন ১০৪১০ জন   ৪২.৫   ৪৮৬৬ ১৫.২ জন       ১১৩জন

১৯৬৮-২০৯২০ জন ৪৩২৬৩ জন ৪৩২৬৩ জন ৪১.৩  ৯৬৫৬ ১৪,৪ জন         ৮৯জন

১৯৬৯-১৮৯৩১ জন ৫১৫৮০ জন ৯৯৯২ জন  ৫২.৬   ১০,০০০ ১৯.৩ জন      ১৫৪জন

১৯৭০-২১০৬৮ জন ৫৫৫২৭৪ জন ১০৪১০ জন ৪৯.৪৩ ৯৭৬৮ জন ১৭.২       ১৪ জন

১৯৭১-২২৭৩৩ জন ৫৫২৭৪ জন ১৩২৪০ জন ৫৮.২৫  ১৪৩২০ জন  ২৩৪১     ১২ জন

১৯৭২-২৪৯৯৫ জন ৫৮৫৭ জন ১৫৬৫০ জন ৬২.৬   ১৪৭৭০ জন   ২৫.২    ২২ জন

১৯৭৩-২৮৬৬৩জন ৫৩৫৬০জন ১৭২০০ জন ৬০     ১১৫৭০ জন  ২১.৬    ১৩০ জন

ওপৰৰ তালিকাখনৰ পৰা দেখা যায় যে, নিয়মীয়া পৰীক্ষাৰ্থীৰ উত্তীর্ণৰ হাৰ লাহে লাহে বৃদ্ধি হৈ গৈছে, আনহাতে প্রাইভেট পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ মাজে-সময়ে উঠা-নমা কৰিছে যদিও শেষলৈ প্ৰায় একে পর্যায়তে ৰৈ আছে। উত্তীৰ্ণৰ হাৰ নিম্ন হোৱাৰ কাৰণ আছিল দুৰ্বল আন্তঃগাঁথনি। কাৰণ শিক্ষাৰ খাতত তেতিয়া বাজেটৰ পৰিমাণ আছিল তেনেই নগণ্য। এক তথ্যৰপৰা জানিব পৰা যায় যে, ১৯৪৭ চনত শিক্ষা খাতত বাজেটৰ পৰিমাণ আছিল ৭৬ লাখ, ১৯৬৯-৭০ চনত ২১ কোটি, ১৯৭৯-৮০ চনত ৭৪.৪৮ কোটি টকা। ফলত বিদ্যালয় সমূহৰ আন্তঃগাঁথনি আৰু শিক্ষকসকলৰ মাহিলি পাৰিতোষিক খুবেই পুতৌজনক আছিল। পর্যাপ্ত আন্তঃগাঁথনি নথকা সত্ত্বেও তেতিয়া পৰীক্ষা পৰিচালনা নিকা আৰু স্বচ্ছ আছিল। উত্তীৰ্ণৰ হাৰো প্রশংসনীয় আছিল বুলি ক'ব পাৰি। এডমিট কার্ড বিসংগতি, মার্কশ্বিট বিসংগতি প্রশ্ন কাকত বিসংগতি আদিৰ কথা শুনা মনত নপৰে। তেতিয়া নকলৰ প্রয়োভৰ এক প্ৰকাৰ নাছিল বুলিয়ে কব লাগিব। কাৰণ ওপৰৰ তালিকাত দেখুৱা এক্সপেল পৰীক্ষাৰ্থীৰ পৰিমাণে এই কথাকে প্রতিপন্ন কৰে। কিন্তু সম্প্রতি প্রতিখন বিদ্যালয়ত পর্যাপ্ত আন্তঃগাঁথনি থকা সত্ত্বেও নকলৰ পয়োভৰ ইমানইে বৃদ্ধি পাইছে যে, শেষমুহৰ্তত পৰীক্ষা কেন্দ্ৰত চি,চি কেমেৰা স্থাপন কৰিব লগা হৈছে। তিনিটা বিষয়ত গ্ৰেছমাৰ্ক দি ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি কৰাৰ দৰে লজ্জাজনক পদক্ষেপ ল'ব লগা হৈছে। অপ্রশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰীৰে পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ ওচৰত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰশিক্ষণপ্রাপ্ত শিক্ষকে মূৰ নত কৰিব লগা হৈছে। আমাৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ কাৰণে এয়া খুবেই দুর্ভাগ্যৰ বিষয়। শিক্ষা বিভাগে এই পৰিস্থিতিৰপৰা শিক্ষা বিভাগটো উদ্ধাৰ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে অভিভাৱকসকলৰ যে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি মোহভংগ হব ইয়াত সন্দেহৰ অৱকাশ নাই।

(জনসাধাৰণ-৮-০৬-১৭)

 

মধ্যপ্ৰদেশৰ কৃষক আন্দোলন ৷

অসমত ধানৰ পতান লৈ কৃষকৰ মাজত হাহাকাৰ বিৰাজমান হৈ থকাৰ মাজতে মধ্যপ্ৰদেশত কৃষক আন্দোলনে হিংস্ৰৰূপ ধাৰণ কৰিছে। মন্দচোৰ জিলাৰ বৰখেড়াত কেন্দ্ৰীয় অৰ্দ্ধ সামৰিক বাহিনীৰ গুলী চালনাৰ ফলত ৬ জুনত ইতিমধ্যে ৬ জন কৃষক নিহত হোৱাৰ বিপৰীতে বহুকেইজন আহত হৈছে। চৰকাৰে এই আন্দোলন প্রতিহত কৰাৰ কাৰণে অতিৰিক্ত ১১০০ অৰ্দ্ধসামৰিক বাহিনী নিযোগ কৰিব লগা হৈছে। কৃষকসকলে ৰাস্তা অৱৰোধ কৰাৰ লগতে কমেও ১৩ খন বাছ আৰু অন্যান্য ১৫০ খন গাড়ীত অগ্নি সংযোগ কৰিছে। ইয়াৰ আগতেও মধ্যপ্ৰদেশত ১৯৯৮ চনৰ ১২ জানুৱাৰীত কৃষক আন্দোলন সংঘটিত হৈছিল আৰু সেই আন্দোলনত ১৮ জন লোক মৃত্যু মুখত পৰিছিল। বানপানীত ফচল নষ্ট হোৱাৰ ফলত কৃষকসকলে প্রতি হেক্টৰত পাঁচ হাজাৰ টকাকৈ ক্ষতিপূৰণৰ দাবীত সেই আন্দোলন আৰম্ভ কৰিছিল।

সম্প্রতি সংঘটিত হৈ থকা এই আন্দোলন হঠাৎ আৰম্ভ হোৱা নাই। ইয়াৰ পৃষ্ঠভূমি ৰচনা হৈছিল চলিত বছৰৰ ২২ মাৰ্চত মহাৰাষ্ট্ৰৰ পুণতাৱা গাঁৱত। পুণতাৱা গাখীৰ. ফল-মূল আৰু তৰ-তৰকাৰীৰ বৃহৎ বজাৰ। এই বজাৰ আহমদনগৰ আৰু নাচিক জিলাৰ সীমান্তত অৱস্থিত। এই বজাৰত সৰু-বৰ চহৰ আৰু গাঁৱৰপৰা অহা গাখীৰ, ফল-মূল আৰু তৰু-তৰকাৰী বিক্ৰী হয়। বেয়া বতৰৰ কাৰণে কেবা বছৰ ধৰি কৃষকৰ উৎপাদন আশানুৰূপ হোৱা নাই। এই বছৰ ফচলৰ উৎপাদন ভাল হৈছে যদিও কৃষকে তাৰ ন্যায্য মূল্য পোৱাৰপৰা বঞ্চিত হৈ আছে। ফলত কৃষকৰ অৱস্থা বেয়াৰ ফালে ঢাল খাইছে। কৃষকৰ দুৰাৱস্থালৈ লক্ষ্য কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুত দিছিল; কিন্তু চৰকাৰে এতিয়ালৈকে সেই প্রতিশ্রুতি পূৰণ কৰা নাই ফলত কৃষকসকলে সিদ্ধান্ত লৈছিল যে, এইবাৰ তেওঁলোকে মাথোন তেওঁলোকৰ প্ৰয়োজনীয় ফচলহে উৎপাদন কৰিব। ইয়াকেলৈ কৃষকসকলে পুণতাৱাত হৰতাল আৰম্ভ হৈছিল।

মহাৰাষ্ট্ৰৰ পুণতাৱা গাঁৱৰ কৃষকৰ দ্বাৰা প্ৰভাৱিত হৈ সৰু-বৰ সংগঠনৰ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন চলোৱাৰ সিদ্ধান্ত লয়। ১ জুনৰপৰা কৃষক ক্রান্তি মৰ্চাৰ নামত ৰাস্তাত গাখীৰ ঢালি, ফল-মূল দলিয়াই এই আন্দোলন সূচনা কৰা হয়। নাচিক আৰু আহমদ নগৰ হল এই আন্দোলনৰ কেন্দ্ৰ। ২ জুনৰ পৰা মধ্যপ্রদেশতো এই আন্দোলনৰ সূচনা কৰা হৈছে। ইন্দোৰ, উজ্জয়িনী, নীমচ, মন্দচোৰ, ৰতলাম, খণ্ডৱা আৰু খৰগোনৰ কৃষকসকলে এই আন্দোলনত অংশ গ্ৰহণ কৰিছেসম্প্রতি মধ্যপ্ৰদেশত এই আন্দোলনে হিংস্ৰৰূপ ধাৰণ কৰিছে। মধ্যপ্ৰদেশৰ কৃষকসকলে ১০ জুনলৈকে নিজৰ উৎপাদিত সামগ্রী বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈ আন্দোলন আৰম্ভ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে নিজৰ দলৰে এটি কৃষক সংগঠনৰ লগত আলোচনা কৰি ৪ জুনত ঘোষণা কৰে যে, কৃষকসকলে তেওঁলোকৰ আন্দোলন স্থগিত কৰিছে। চৰকাৰৰ এই ঘোষণাৰ পাছত কৃষকসকল স্বাভাৱিকভাবেই উত্তজিত হৈ উঠিছে।

মধ্যপ্ৰদেশৰ কৃষকসকলে ৩২ টা দাবীলৈ এই আন্দোলন আৰম্ভ কৰিছে। ইয়াৰে মুখ্য দাবী কেইটা হ'ল-(১) আগতে সংবিধানৰ ২৪ নং ধাৰাৰ অধীনত চৰকাৰে অধিগ্ৰহণ কৰা ভূমি বাবদ ৰাজসাহায্য দিয়াৰ ব্যৱস্থা আছিল। মধ্যপ্রদেশ চৰকাৰে সম্প্ৰতি এই ধাৰাটো প্রত্যাহাৰ কৰিছে। কৃষকসকলে এই ধাৰা পুনৰ বাহাল কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে। (২) স্বামী নাথন আয়োগে ফচল উৎপাদন কৰোঁতে যিমান ব্যয় হয় তাৰ দেড় গুণ মূল্য কৃষকক প্রদান, অতিৰিক্ত অব্যৱহৃত ভূমি কৃষকক আৱণ্টন দিয়া, জাতীয় ভূমি ব্যৱহাৰ, এডভাইজৰী কমিটি গঠনকে আদি কৰি কৃষকৰ অনুকূলে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল। প্রতিবেদনৰ এই পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ কাৰণে দাবী উত্থাপন কৰা হৈছে। (৩) আন্দোলনৰ সময়ত যিসকল কৃষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সেইসমূহ গোচৰ তুলি লোৱা (৪) চৰকাৰী ফার্মে কিনা গাখীৰৰ মূল্য বৃদ্ধি কৰা আদি।

আন্দোলনকাৰীসকলে ৰাস্তা অৱৰোধ কৰাৰ লগতে ৮ খন ট্রাক, ১৩ খন বাছেৰে সৈতে এতিয়ালৈকে আন ১৫০ খন গাড়ীৰ ক্ষতিসাধন কৰিছে। ইন্দোৰ আৰু ভুপালৰ মাজত ৰাস্তাত কমেও ৩০ খন বাছত অগ্নি সংযোগ কৰা হৈছে। যাত্রী ভৰ্ত্তি বাছৰপৰা যাত্ৰী নমাই অগ্নি সংযোগৰ দৰে অমানৱীয় ঘটনাও ঘটিছে। ৰে'লৱে ক্ৰছিঙৰ দুৱাৰ ভাঙি পেলাইছে। যোৱা দেওবাৰৰপৰা এই আন্দোলন অধিক হিংস্ৰৰূপ ধাৰণ কৰিছে। দেৱাসৰ ওচৰত বাছত লগোৱা জুই নুমাবলৈ অহা ফায়াৰ ব্রিগেডৰ গাড়ীতো অগ্নি সংযোগ কৰা হৈছে। ফলত মন্দচোৰ, পিপলমণ্ডী, নাৰায়ণগড়, মালহাগড়ত সান্ধ্য আইন জাৰী কৰা হৈছে। দলোদা আৰু সুমাত্রাতো ১৪৪ ধাৰা জাৰী কৰা হৈছে। মোবাইল সেৱা বন্ধ কৰি দিয়া হৈছে। স্কুল-কলেজ বন্ধ হৈ পৰিছে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে অৰ্দ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে। শিলগুটি নিক্ষেপৰ ফলত এজন উপ-সহপৰিদৰ্শকৰ চকু নষ্ট হোৱাৰ লগতে আন ১১ জন পুলিচ কর্মী আহত হৈছে। আর্থিক ক্ষয়-ক্ষতিৰ পৰিমাণো কম হোৱা নাই। পিয়াজৰ আটাইতকৈ ডাঙৰ বজাৰ একমাত্ৰ লাচলগাঁৱতে এতিয়ালৈকে কোটি টকাৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰে বন্ধৰ সমৰ্থনত মধ্যপ্ৰদেশত বন্ধও পালন কৰা হৈছে। বন্ধৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে ইন্দোৰ, ধাৰ আৰু মন্দচোৰ জিলাত। ইন্দোৰৰ ৰাউ, চাম্বেৰ, মাংগলিয়া আৰু দেৱগুড়াৰিয়া এলেকাত বন্ধৰ অধিক প্ৰভাৱ পৰিছে। কংগ্ৰেছৰ আহ্বানত এই বন্ধ দিয়া হৈছিল। বৃহস্পতি বাৰদিনা ছাজাহানপুৰত আন্দোলনকীক প্রতিহত কৰিবলৈ পুলিচে ১০০ ৰাউণ্ড পানীৰ গুলী নিক্ষেপ কৰিছে। অগ্নি সংযোগ আৰু শিলগুটি নিক্ষেপৰ লগত জড়িত ১২৫ জন আন্দোলনকাৰীৰ বিৰুদ্ধে পুলিচে কেচ ৰুজু কৰাৰ লগতে ২৫ জনক গ্ৰেপ্তাৰ কৰিছে।

আন্দোলনৰ গতি-প্রকৃতি আৰু বিৰোধী দলসমূহ সক্ৰিয় হৈ উঠালৈ লক্ষ্য কৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ন্যায়িক তদন্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়ালক এক কোটিকৈ সাহায্য দিয়াাৰ লগতে চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। আহত সকলক ৫ লাখ টকাকৈ ৰাজসাহায্য দিয়াৰ বাবে নিৰ্দ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে মিডিয়াৰ আগত বিজ্ঞাপন জাৰী কৰি আবেদন কৰিছে যে, কৃষকৰ দাবীসমূহ পূৰ্ণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। তেওঁ আৰু ঘোষণা কৰিছে যে, এই বেলি চৰকাৰে ৩০ জুনলৈ ৮ টকা কিলো দৰত পিয়াজ আৰু নিৰ্ধাৰিত মূল্যত মুগ কিনিব। তেওঁ আৰু কৈছে যে, কিছুমান অসামাজিক লোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মধ্যপ্ৰদেশত অশান্তি বিয়পোৱাৰ কাৰণে চেষ্টা কৰি আছে। সিহঁতৰপৰা সাৱধান হোৱাৰ লগতে সিহঁতৰ উচটনিত ভুল নাযাবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে। যদি কিবা সমস্যা আছে সেয়া আলোচনাৰ জৰিয়তে মীমাংসা কৰাৰো আশ্বাস দিছে। গৃহমন্ত্রী ভুপেন্দ্ৰ সিঙে কৈছে যে, ছদিনৰপৰা আন্দোলন হিংস্ৰ কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। পুলিচে ধৈর্য সহকাৰে নিজৰ কাৰ্যনিৰ্বাহ কৰি আছে। অসামাজিক কার্যৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰিবলৈ নিৰ্দ্দেশ দিয়া হৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডাবীচে অহা ৩১ অক্টোবৰৰ ভিতৰত ৫ একৰকৈ খেতিৰ মাটি থকা ১.০৭ কোটি কৃষকৰ ঋণ মাফ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ফলত ৩০,০০০ কোটি টকা ব্যয় হব বুলিও জানিবলৈ দিছে।

চৰকাৰৰ এই সিদ্ধান্তৰ মাজতে চোলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁৱৰ ধনজী চন্দ্ৰকান্ত নামৰ এজন কৃষকে চিপজৰী লৈ আত্মহত্যা কৰিছে। তেওঁ চুইচাইড নোটত লেখি থৈ গৈছে- মই ধনজী এজন কৃষক। মই চিপজৰীলৈ আত্মহত্যা কৰি আছো। মোৰ মৃতদেহ গাঁৱলৈ লৈ যাবা; কিন্তু যেতিয়ালৈকে দেৱেন্দ্ৰ ফাণ্ডাবীচ আমাৰ গাঁৱলৈ নাহে তেতিয়ালৈকে সৎকাৰ নকৰিবা। ধনজী আঢ়ৈ একৰ ভূমিৰ মালিক আছিল। তেওঁ বেংকৰপৰা ৬০,০০০ টকা ঋণ লোৱাৰ লগতে মহাজনৰ পৰাও ঋণ লৈছিল।

আমাৰ দেশত কৃষকৰ আত্মহত্যাৰ ঘটনা এয়াই প্রথম নহয়। ভূমি অধিগ্রহণ, বেংকৰ ঋণ, সুদখোৰ মহাজনৰ আতংক তথা উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ ফলত এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি আমাৰ দেশত ২০১৫ চনত ১২,৬০২ জন কৃষকে আত্মহত্যা কৰিছে। ইয়াৰে মহাৰাষ্ট্ৰত সর্বাধিক ৪,২৯১ জন, কণটিকত ১,৫৬৯ জন, তেলেংগানাত ১৪০০ জন, মধ্যপ্ৰদেশত ১২৯০ জন, ছত্তিছগড়ত ৯৫৪ জন, অন্ধ্ৰপ্ৰদেশত ৯১৬ জন আৰু তামিলনাড়ুত ৬০০ জন।

এই আন্দোলন ভৱিষ্যতে কি পর্যায় পায়গৈ সেয়া নিশ্চয় লক্ষ্যণীয় হব।

(জনসাধাৰণ-১৪-০৬-১৭)

 

        চতুৰ্দ্দশ ৰাষ্ট্ৰপতি নির্বাচন

নির্বাচন আয়ুক্তই ইতিমধ্যে চতুৰ্দ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণৰ দিন ঘোষণা কৰিছে। আগন্তুক ১৭জুলাই ভোট গ্ৰহণ কৰা হব আৰু ২০ জুলাইত ভোট গণনা কৰা হব। মনোনয়ন পত্র দাখিলৰ অন্তিম তাৰিখ ২৮ জুন। মনোনয়ন পত্র বাছ-বিচাৰ (স্কুটিনি) কৰা হব ২৯ জুনত। কিন্তু শাসকীয় আৰু বিৰোধী দলবোৰে এতিয়ালৈকে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবপৰা নাই। বিৰোধী দলবোৰৰ লগত আলোচনাত মিলিত হৈ এগৰাকী সৰ্বসন্মত প্রার্থী বাছনি কৰাৰ বাবে বিজেপি সভাপতি অমিত শ্বাহে যোৱা বুধবাৰে এখন তিনিজনীয়া কমিটি গঠন কৰি দিছে। সেই কমিটিত আছে, ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং, অৰুণ জেটলী আৰু ভেংকয়া নাইডু ৷ তেওঁলোকে ইতিমধ্যে ১০ নম্বৰ জনপথলৈ গৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছে। গান্ধীৰ লগত সাক্ষাতৰ সময়ত গোলাম নবী আজাদ আৰু মল্লিকার্জুন খাৰ্গে উপস্থিত আছিল। ছোনিয়া গান্ধীৰপৰা সাম্ভৱ্য প্ৰাৰ্থীৰ নাম জানিব বিচৰাত ছোনিয়া গান্ধীয়ে স্পষ্ট কৰি দিছে যে, শাসকীয় দলৰপৰা আগতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেহে তেওঁৰ দলে এই বিষয়ে বিবেচনা কৰিব। ছোনিয়া গান্ধীৰ লগত সাক্ষাতৰ পাছত উক্ত কমিটিয়ে চিপিআই(এম) নেতা সীতাৰাম ইয়েচুৰী আৰু বহুজন সমাদবাদী দলৰ নেতা প্ৰফুল্ল পেটেলৰ লগতো সাক্ষাৎ কৰিছে। ভেংকয়া নাইডুই বহুজন সমাজবাদী দলৰ নেতা সতীশ মিশ্ৰ আৰু এনচিপি নেতা প্ৰফুল্ল পেটেলৰ লগতো সাক্ষাৎ কৰিছে; কিন্তু এতিয়ালৈকে কোনো ঐক্যমতত উপনীত হবপৰা নাই। ইফালে এন ডি এৰ ফালৰপৰা কোৱা হৈছে যে, অহা ২৫ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যুক্তৰাষ্ট্ৰলৈ যাব আৰু ইয়াৰ আগতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বহু আগৰপৰা চৰ্চিত হৈ আছে লালকৃষ্ণ আডৱানিৰ নাম। আডৱানিৰ পক্ষত আছে জ্যেষ্ঠ বিজেপি নেতা শত্রুঘ্ন সিনহা। আডৱানি বাবৰী মছজিদ মোকদমাৰ লগত সাঙোৰ খাই থকাৰ কাৰণে কিছু সন্দেহৰ আৱৰ্তত আছিল। কিন্তু এতিয়া সেই বাধা আঁতৰ হৈছে। কাৰণ নির্বাচন আয়ুক্তই স্পষ্ট কৰি দিছে যে, যেহেতু তেওঁ এতিয়ালৈকে দোষী সাব্যস্ত হোৱা নাই গতিকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত কোনো বাধা নাই। ছোনিয়াগান্ধীৰ লগত সাক্ষাতৰ পাছত ৰাজনাথ সিং আৰু ভেংকয়া নাইডু আডৱানিৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল। এই সাক্ষাতৰ পাছতে তেওঁৰ নাম বিশেষভাবে পুনৰ চৰ্চালৈ আহিছে। ইয়াৰ পাছতে চৰ্চাত আছে এনডিএৰ ই, শ্ৰীধৰণৰ নাম। এওঁ মেট্ৰ'মেন হিচাপে বিখ্যাত। কাৰণ দিল্লীত মেট্টৰে'ল চলোৱাৰ সপোন তেওঁৰ কাৰণেই সম্ভৱ হৈছে। বৈদেশিক মন্ত্রী সুষমা স্বৰাজৰ নামো চৰ্চাত আছে। কিন্তু সুষমা স্বৰাজে কৈছে যে, এয়া উৰা বাতৰি। তেওঁ বৈদেশিক মন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু এয়া হল অভ্যন্তৰীণ বিষয়। সুমিত্রা মহাজনৰ নামো চৰ্চাত আছে। তেওঁ ইন্দোৰ লোকসভা নির্বাচন ক্ষেত্ৰৰপৰা আঠবাৰ বিজয়ী হৈছে। ২০১৪ ৰ নিৰ্বাচনৰ পাছত তেওঁক লোকসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে। মীৰা কুমাৰৰ পাছত তেওঁ দ্বিতীয় গৰাকী মহিলা লোকসভা অধ্যক্ষা। আডৱানি আৰু সুষমা স্বৰাজৰ পাচতে তেওঁ প্ৰবল দাবীদাৰ।

শিৱসেনাৰ ফালৰপৰা আৰএচএচ প্রধান মোহন ভাগৱতক আগন্তুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে। কিন্তু আৰএচএচৰ তৰফৰপৰা এই দাবী নাকচ কৰিছে। এই নাকচৰ পাছতে শিৱসেনাৰ পৰা কোৱা হৈছে যে, মোহন ভাগৱত প্রার্থী হবলৈ আপত্তি কৰিলে শিৱসেনাৰ এম,এচ স্বামী নাথনক প্ৰক্ষেপ কৰিব পৰা যাব পাৰে। স্বামী নাথনক সেউজ বিপ্লৱৰ জনক হিচাপে জনা যায়

বিৰোধী দলৰপৰা এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম স্পষ্টভাবে ঘোষণা কৰা নাই যদিও যোৱা বুধবাৰে সংসদ ভৱনৰ চেম্বাৰত ১০ গৰাকী বিৰোধী দলৰ নেতা ইতিমধ্যে আলোচনাত মিলিত হৈছে। এই আলোচনাত অংশ গ্ৰহণ কৰিছে, কংগ্ৰেছৰ গোলাম নবী আজাদ আৰু মল্লিকার্জুন খাৰ্গে, জেডি(ইউ)ৰ শাৰদ যাদৱ, আৰজেডিৰ লালু প্রসাদ যাদৱ, চিপিআই(এম)ৰ সীতাৰাম ইয়েচুৰি, এনচিপিৰ প্ৰফুল্ল পেটেল, টিএমচিৰ ডেকে ওব্ৰিয়েন, ডিএমকে আৰ এচ ভাৰতী, সমাজবাদী দলৰ ৰামগোপাল আৰু বিএচপিৰ সতীশ মিশ্র। আলোচনাৰ সময়ত কোনো দলেই প্ৰাৰ্থীৰ নাম উল্লেখ কৰা নাই যদিও শাৰদ যাদৱে স্পষ্ট কৰি দিছে যে, গেৰুৱা দলে যদি কোনো উগ্র হিন্দুত্ববাদী প্রার্থী প্ৰক্ষেপ কৰে তেনেহলৈ তেওঁলোকে মিত্ৰদলৰ প্ৰাৰ্থী প্রক্ষেপ কৰিব। আলোচনাৰ সময়ত যেতিয়া কোৱা হয় যে, শিৱসেনাই লালকৃষ্ণ আডৱানিক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে, তেতিয়া গোলাম নবী আজাদে কয়- অপেক্ষা কৰক আৰু চাই থাকক।

বিৰোধী দলবোৰে কোনো প্ৰাৰ্থীৰ নাম উল্লেখ নকৰিলেও সাম্ভাৱ্য প্ৰাৰ্থীৰ নাম বিবেচনা কৰি আছে বুলি জানিবপৰা গৈছে। এই তালিকাত প্ৰথমতে আছে পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধী। এওঁ মহাত্মা গান্ধীৰ নাতি। এওঁ এজন অৱসৰপ্ৰাপ্ত আই এ এচ বিষয়া আৰু পণ্ডিত লোক। গোপালকৃষ্ণ গান্ধীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে চিপিআই(এম) আৰু চিপিআই দলৰ কোনো আপত্তি নাই বুলি জানিবলৈ দিছে। তেওঁলোকে আৰু স্পষ্ট কৰি দিছে যে, শাৰদ যাদৱক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিলেও তেওঁলোকৰ ফালৰপৰা কোনো আপত্তি নাই। প্রাক্তন লোকসভা অধ্যক্ষ মীৰা কুমাৰ, প্ৰাক্তন ইউনিয়ন মিনিষ্টাৰ শাৰদ যাদৱ আৰু প্ৰকাশ সিং বাদলৰ নামো চৰ্চাত আছে। অৱশ্যে প্রকাশ সিং বাদলে ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিছে।

এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৮৯৬ গৰাকী ভোটাৰে ভোটদান কৰিব পাৰিব। ইয়াৰে বিধায়ক ৪১২০ গৰাকী আৰু সাংসদ ৭৭৬ গৰাকী। আপৰ ২০ গৰাকী আৰু ৰাজ্যসভাৰ ১২ গৰাকী মনোনীত সদস্যই ভোটদান কৰিব নোৱাৰিব। কোনো দলে ৰাষ্ট্রপতি নির্বাচন কৰিবলৈ হ'লে ৫০ শতাংশ অর্থাৎ ৫,৪৯,৪৪২ গৰাকী ভোটাৰ থাকিব লগিব। ৰাজ্যসভা, লোকসভা আৰু বিধায়কৰে সৈতে শাসকীয় দল এনডিএৰ ভোট আছে ৪৮.১০ শতাংশ। আনহাতে বিৰোধী দলবোৰে মিত্ৰতা কৰিলে ভোটৰ পৰিমাণ হব ৫১.৯০ শতাংশ অর্থাৎ ৫,৬৮,১৪৮ গৰাকী। মহাৰাষ্ট্ৰৰ মুখ্যন্ত্ৰী দেৱেন্দ্ৰ ফাণ্ডাবীচে দাবী কৰিছে যে, তেওঁলোকৰ হাতত বৰ্তমান ৫৪ শতাংশ ভোট আছে। ইয়াৰ পাছতো বহু দলে তেওঁলোকক সমৰ্থন আগবঢ়াব আৰু ভোট ৬৫ শতাংশলৈ বৃদ্ধি পাব। লোক জনশক্তি দলৰ ৰামবিলাস পাচোৱান আৰু চন্দ্ৰবাবু নাইডুই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পছন্দৰ প্ৰাৰ্থীক সমৰ্থন কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। লগতে তেলেংগানাৰ ৰাষ্ট্ৰীয় সমিতি, অন্ধ্ৰপ্ৰদেশৰ ওৱাইএচআৰচিপি, তামিলনাডুৰ এআইএডিএমকেই শাসকীয় দলক সমৰ্থন কৰাৰ সম্ভাৱনা

আছে।

ইতিমধ্যে আঠ গৰাকী নির্দলীয় প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। ইয়াৰ মাজত মহাৰাষ্ট্ৰৰ এহাল দম্পত্তিও আছে। দম্পত্তিহালৰ নাম হ', চায়ৰা ভানু মহম্মদ পেটেল আৰু মহম্মদ পেটেল আব্দুল হামিদ। কুণ্ডেকৰ বিজয় প্রসাদ- মুম্বাই, কে, পদ্মজা- তামিলনাডু, বালাৰাজ- তেলেংগানা, কুণ্ডেকৰ বিজয় প্রসাদ- পুণে, জীৱন কুমাৰ মিটাল- দিল্লী আৰু আনন্দ সিং কুশৱাহা- মধ্যপ্রদেশ। আনন্দ সিং কুশৱাহা বৃত্তিত এজন চাহ দোকানী।

(জনসাধাৰণ- ২১-০৭-২০১৭)

 

 প্ৰসংগ ৰাষ্ট্ৰপতি নির্বাচনঃ দলিত বনাম দলিত।

শাসনাধিষ্ঠ এনডিএ মিত্ৰজোঁটে ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ দুদিন পাছত ইউপিএ মিত্ৰজোঁটে মীৰা কুমাৰক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে। ফলত ৰাষ্ট্ৰপতি নির্বাচনে এক নতুন মাত্রা পালে। যোৱা বৃহস্পতিবাৰে ইউপিএ মিত্ৰজোঁটৰ ১৭ টা দলৰ লগত বৈঠকৰ পাছত এই ঘোষণা কৰা হৈছে। এনডিএৰ ফালৰ পৰা ৰামনাথ কোবিন্দক ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত জেডি(ইউ)ৰ ফালৰপৰা সমৰ্থন কৰাৰ লগে লগে আটায়ে ভাবিবলৈ বাধ্য হৈছিল যে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰামনাথ কোবিন্দ বিজয়ী হোৱাটো একপ্ৰকাৰ নিশ্চিত; কিন্তু মীৰা কুমাৰীৰ নাম ঘোষণা হোৱাৰ লগে লগে সমীকৰণ যেন অলপ হ'লেও বেলেগ হৈ গ'ল। ইয়াৰ আগতে যিমানটা ৰাষ্ট্রপতি নির্বাচন হৈছে প্রতিবাৰেই নির্বাচনবোৰ একপক্ষীয়ভাবে নির্বাচন অনুষ্ঠিত হৈছে। কিন্তু এইবাৰৰ নিৰ্বাচনত কোন জিকে কোন হাৰে সেয়া নিশ্চিতকৈ কোৱা টান হৈ পৰিল। কাৰণ উভয়ে দলিতপ্রার্থী। ফলত এতিয়া দলিত বনাম দলিতৰ ভোটযুদ্ধ হব। ৰামনাথ কোবিন্দ নাম ঘোষণা হোৱাৰ আগতে ইউপিএ মিত্ৰজোঁট ৫০.৯০ শতাংশ ভোটেৰে এনডিএতকৈ আগবাঢ়ি আছিল। কিন্তু ৰামনাথ কোবিন্দ নাম ঘোষণা হোৱাৰ পাছত জেডি(ইউ)য়ে ৰামনাথ কোবিন্দক সমর্থন কৰাৰ ফলত এনডিএৰ ভোটৰ পৰিমাণ ৬১.৮৯ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু মীৰা কুমাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত বিৰোধী পক্ষৰ এনেকুৱা কিছুমান দলৰ সমৰ্থন পাব পাৰে যিবোৰে এতিয়ালৈকে কোনো পক্ষক সমৰ্থন কৰা নাই। ইতিমধ্যে বিএচপিয়ে ইউপিএক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। এইদৰে যদি বেলেগ দলবোৰে । কৰে ইউপিএৰ ভোট সংখ্যা ৫৪.৩৪ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ স্থিতি এতিয়া এনেকুৱা- এনডিএৰ ৰাজ্যসভা, লোকসভা আৰু বিধানসভাৰ বিধায়কৰে সৈতে মুঠ ৫২৭,৩৭১ টা ভোট আছে। কোবিন্দ নাম ঘোষণা কৰাৰ আগত এনডিএৰ ভোটৰ পৰিমাণ আছিল ৪৮.১০ শতাংশ। কোবিন্দৰ নাম ঘোষণাৰ পাছত টিআৰএচ-১.৯৯, এআইডিএমকে- ৫.৩৯, ওৱাইএচআৰ-১.৫৩, জেডি(ইউ)-১.৮৯ শতাংশ, বিজেডি- ২.৯৯ শতাংশৰ সমৰ্থনৰ ফলত এনডিএৰ ভোটৰ পৰিমাণ ৬১.৮৯ শতাংশলৈ বৃদ্ধি পাইছে। এই পৰিমাণ ৬২.৭৫ শতাংশলৈ বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। আনহাতে কোবিন্দৰ নাম ঘোষণাৰ আগত মিত্ৰজোঁটৰ ভোটৰ পৰিমাণ আছিল ৫,৬৮,১৪৮ অর্থাৎ ৫১.৯০ শতাংশ। জেডি(ইউ)ই ৰামনাথ কোবিন্দক সমৰ্থন কৰাৰ ফলত ইউপিএৰ ভোটৰ পৰিমাণ এতিয়া ৫০.০১ শতাংশলৈ হ্রাস পাইছেকিন্তু আনহাতে মীৰা কুমাৰৰ নাম ঘোষণা কৰাৰ পাছত বিএচপি(০.৭৪ শতাংশ)য়ে মীৰা কুমাৰৰ্ক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। মায়াৱতীয়ে আগতেই ঘোষণা কৰিছিল যে, কোনো দলিত শক্তিশালী প্রার্থী পালে তেওঁ সেই প্ৰাৰ্থীক সমর্থন কৰিব। তদুপৰি এচপি(২.৩৬শতাংশ), আপ(০.৮২ শতাংশ), আৰু আইএনডিএল(০.৩৮ শতাংশ) দলেও মীৰা কুমাৰক সমৰ্থন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এইদৰে সমৰ্থন পালে ইউপিএ মিত্ৰেজোঁটৰ ভোটৰ পৰিমাণ ৫৪.৩১ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু সম্প্রতি মাথোন ৩৭.২৫ শতাংশ ভোটহে আছে বিৰোধী শিৱিৰৰ

দখলত।

মীৰা কুমাৰক ৰাষ্ট্ৰপতি প্রার্থী হিচাপে ঘোষণা কৰাৰ পাছত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে কৈছে- আমি বেলেগ দলক আবেদন জনাওঁ যে, তেওঁলোকে আমাক সমৰ্থন কৰক। ইফালে লালু প্রসাদ যাদৱে কৈছে- নীতিশজীয়ে মোক ফোন কৰিছিল আৰু কৈছে যে, এয়া (কোবিন্দক সমর্থন কৰাটো) মোৰ ব্যক্তিগত সিদ্ধান্ত। মই অনুৰোধ জনাম যে, তেওঁ যেন তেওঁৰ সিদ্ধান্তৰ বিষয়ে পুনৰ বিচাৰ কৰে আৰু মিত্ৰতা যেন ভংগ নকৰে। শুক্ৰবাৰে আৰজেডিৰ ফালৰপৰা অনুষ্ঠিত কৰা ইফতাৰ পাৰ্টিত যোগদান কৰি নীতিশ কুমাৰে স্পষ্টভাবে জনাইছে যে, এনডিএ প্ৰাৰ্থীক সমৰ্থন কৰাটো ঐতিহাসিক ভুল হব যদিও সেয়া তেওঁক কৰিবলৈ দিয়া হওঁক। স্মর্তব্য যে, ৰাষ্ট্রপতি নির্বাচন সন্দৰ্ভত বিৰোধী দলবোৰে বৃহস্পতি বাৰে এক সভাত মিলিত হৈছিল। উক্ত সভাত কংগ্ৰেছৰে সৈতে এনচিপি, চিপিআই(এম), চিপিআই, আৰজেডি, টিএমচি, বিএচপি, এচপি, ডিএমকে, জেডি(ইউ), এআইইউডিএফ, জেডিএল, ইণ্ডিয়ান ইউনিয়ন অৱ মুছলিম লীগ, ঝাৰখণ্ড মুক্তি মৰ্চা, কেৰালা কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্স উপস্থিত আছিল। মীৰা কুমাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতে ছোনিয়া গান্ধীয়ে কৈছে- আমি প্রার্থী হিচাপে মীৰা মাৰক ঘোষণা কৰিছো, আশা কৰোঁ অন্যান্য দলেও আমাক সমর্থন কৰিব।

প্ৰাৰ্থী হিচাপে ৰামনাথ কোবিন্দ আৰু মীৰা কুমাৰ উভয়ে দলিত। ৰামনাথ কোবিন্দৰ চেহেৰা স্বাভাৱিক। আইনৰ বিষয়ে জ্ঞান আছে। কাৰণ তেওঁ বৃত্তিত এগৰাকী অধিৱক্তা। লগতে বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ৰামনাথ কোবিন্দ কানপুৰ বিশ্ববিদ্যালয়ৰপৰা বাণিজ্য শাখা আৰু আইনৰ স্নাতক ডিগ্রী লাভ কৰাৰ পাছত আই এ এছ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে দিল্লীলৈ আহে আৰু তিনিবাৰৰ মূৰত আইএএছ পৰীক্ষাত উত্তীর্ণ হয়। কিন্তু আইএএছ পদত নিযুক্তি নোপোৱাৰ কাৰণে তেওঁ চাকৰি নকৰিলে। তেওঁ ১৯৭৭ চনৰপৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিৱক্তা আছিল। ১৯৮০ চনৰপৰা ১৯৯৩ চনলৈ তেওঁ দিল্লী উচ্চ ন্যায়ালয় আৰু চুপ্রিম কোর্টত ওকালতি কৰিছে। ১৯৯১ চনত তেওঁ বিজেপি দলত যোগদান কৰে। তেওঁ বিজেপিৰ দলিত মৰ্চা, লক্ষ্ণৌৰ বি, আৰ আম্বেদকৰ বিশ্ববিদ্যালয় আৰু কলিকতাৰ আইআইএম বোৰ্ডৰ সদস্য পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে নিখিল ভাৰতীয় কুলী সমাজৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। সংসদীয় কমিটি, অনুসূচিত জাতি আৰু জনজাতি কমিটি, সংসদীয় কমিটিৰ গৃহ পৰিক্ৰমা, সংসদীয় কমিটিৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, সংসদীয় কমিটিৰ সামাজিক আইন আৰু ন্যায়িক সদস্য হিচাপে কার্যনির্বাহ কৰাৰ লগতে জাতিসংঘৰ ২০০২ৰ সাধাৰণ নিৰ্বাচনত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ অভিজ্ঞতা আছে। তেওঁ দুবাৰ ৰাজ্যসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। প্ৰথমবাৰ ১৯৯৪ চনৰপৰা ২০০০ চনলৈ আৰু দ্বিতীয়বাৰ ২০০০ চনৰপৰা ২০০৬ চনলৈ। বিজেপিৰ জাতীয় মুখপাত্র হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। ১৯৭৭ চনত তদানীন্তন প্রধানমন্ত্ৰী মোৰাৰৰ্জী দেশাইৰ ব্যক্তিগত সচিব হিচাপেও তেওঁৰ কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে২০১৪ চনৰ ৮ আগষ্টত তেওঁক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্র দাখিলৰ আগলৈকে তেওঁ উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ গ্ৰাম্যঞ্চলত শিক্ষা বিস্তাৰৰ কাৰণে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিদ্যালয় গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আগভাগ লৈ পোহৰলৈ আহিছিল। তেওঁ ডেৰাপুৰত থকা তেওঁৰ পৈতৃক গৃহ আৰএচএচৰ নামত দান কৰিছে।

ৰামনাথ কোবিন্দৰ অটল বিহাৰী বাজপেয়ীৰ লগত নিকটসম্পৰ্ক থকাৰ লগতে ৰাজনাথ সিং আৰু এল, কে আদৱানিৰ লগতো তেওঁৰ সম্পর্ক ভাল। ১৯৯০ চনত উত্তৰ প্ৰদেশৰ ঘটমপুৰ আৰু ২০০৭ চনত ভোগনীপুৰ সংসদীয় ক্ষেত্ৰৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ দুবাৰেই পৰাজয় বৰণ কৰিছে। তেওঁৰ জন্ম কানপুৰৰ ড্ৰোপুৰ তহচিলৰ পৰোখ গাঁৱত। তেওঁ এজন পুতেক আৰু এজনী জীয়েকৰ পিতৃ

মীৰা কুমাৰৰ প্ৰতিচ্ছবিও স্বচ্ছ। আইন আৰু সংবিধান সম্পর্কে জ্ঞান আছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষা। ২০০৭ চনৰ জুন মাহৰপৰা ২০১৪ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। বৈদেশিক নীতি সম্পর্কেও জ্ঞান আছে। ১৯৮০ চনত প্ৰথম ৰাজনীতিত প্ৰৱেশ কৰে আৰু ১৯৮৫ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ বিজনোৰ সংসদীয় সমষ্টিৰপৰা প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। তেওঁ বেলেগ বেলেগ তিনিখন ৰাজ্যৰপৰা নিৰ্বাচনত বিজয়ী হোৱাৰ লগতে ৰাম বিলাচ পাচোৱান আৰু মায়াৱতীৰ দৰে শক্তিশালী প্ৰাৰ্থীক ভোট যুদ্ধত পৰাজয় কৰিছে। একাদশ, দ্বাদশ আৰু চতুৰ্দশ লোকসভা নিৰ্বাচনত তেওঁ দিল্লীৰ কেৰলবাগ সংসদীয় সমষ্টিৰপৰা আৰু পঞ্চদশ লোকসভা নির্বাচনত বিহাৰৰ চাচাৰামৰপৰা নিৰ্বাচনত বিজয়ী হৈছে। ২০০৪ চনৰ নিৰ্বাচনত বিহাৰৰ চাচাৰাম লোকসভা সমষ্টিৰপৰা বিজয়ী হোৱাৰ পাছত তেওঁক প্রথম সামাজিক ন্যায় মন্ত্রণালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। তেওঁৰ আন এক পৰিচয় হল তেওঁ এসময়ৰ ভাৰতীয় ৰাজনীতিৰ উজ্জ্বল নক্ষত্র স্বাধীনতা সংগ্রামী, দলিত নেতা, প্ৰাক্তন প্ৰতিৰক্ষা তথা উপ-প্রধানমন্ত্রী জগজ্জীৱন ৰামৰ জীয়েক।

মীৰা কুমাৰৰ জন্ম ১৯৪৫ চনৰ ৩১ মাৰ্চত বিহাৰৰ আৰা জিলাত। দোদুন আৰু জয়পুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ আৰু মিৰাণ্ডা হাউচ কলেজৰপৰা বি,, এম,এ আৰু আইনৰ স্নাতক ডিগ্রী লাভ কৰিছে। তেওঁ হিন্দী, ইংৰাজী, স্পেনিচ, সংস্কৃত আৰু ভোজপুৰী ভাষাত পাৰদৰ্শী। তেওঁ কবিতাও লেখে। ১৯৭৩ চনত ইণ্ডিয়ান ফৰেন চাৰ্ভিচত যোগদান কৰিছিল। তেওঁ ভাৰতীয় মাইনচ্ যৌথ কমিচনৰ সদস্যা আছিল. ব্রিটেইন আৰু স্পেইনত ভাৰতীয় হাইকমিচনতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। মীৰা কুমাৰৰ স্বামী চুপ্রিম কোর্টৰ অধিৱক্তা। তেওঁ তিনিজন সন্তানৰ মাতৃ। ইয়াৰে দুজনী জীয়েক স্বাতি আৰু দেৱাংগনা আৰু একমাত্ৰ পুতেক অংশুল।

দুগৰাকী প্ৰাৰ্থী আইনৰ স্নাতক আৰু ৰাজনৈতিক হিচাপে পৰিপক্ক। উভয়ৰে বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে। ৰামনাথ কোবিন্দৰ গাত কিছু পৰিমাণে হলেও আৰএচএচৰ লেবেল লগোৱা আছে যদিও মীৰা কুমাৰ সেই ফালৰপৰা মুক্ত। কিন্তু উভয়ে ভিন্ন পৰিৱেশৰপৰা ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে। ৰামনাথ কোবিন্দ কৃষক পৰিয়ালৰপৰা উঠি আহি সংগ্ৰাম কৰি প্ৰতিষ্ঠিত হৈছে। আনহাতে মীৰা কুমাৰৰ পিতৃ ৰাজনীতিৰ লগত জড়িত আছিল কাৰণে পোনপটীয়াভাবে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশৰ সুযোগ পাইছে। সেই ফালৰপৰা মীৰা কুমাৰৰ অভিজ্ঞতা ৰামনাথ কোবিন্দতকৈ কিছু হলেও কম থকা বুলি ধাৰণা কৰাটো হয়তো ভুল নহ'ব। কিন্তু মীৰা কুমাৰৰ ভাল ৰাজনৈতিক পৃষ্ঠভুমি থকাৰ কাৰণে কিছু হ'লেও সহানুভূতি পাব বুলি ধাৰণা কৰিব পাৰি। কিন্তু ৰামনাথ কোবিন্দ শাসনাধিষ্ঠ দলৰ প্ৰাৰ্থী হোৱাৰ ফলত, যদি কোনো অঘটন নঘটে তেনেহ'লে, তেওঁ পৰৱৰ্ত্তী ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। কিন্তু ভোট হল অনিশ্চয়তাৰ খেল। সেয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব সেয়া ২০ জুলাইতহে নিশ্চিত হব।

(জনসাধাৰণ- ২৮-০৭-২০১৭)

 

ভ্ৰষ্টাচাৰে উন্নয়ন ব্যাহত কৰিছে আমাৰ দেশৰ।

গড়কাপ্টানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ বাহিৰে শূন্য সহনশীলতাৰ নীতিত বিশ্বাসী চৰকাৰৰ সকলো মন্ত্ৰীয়ে কমিছন লয় বুলি তেজপুৰৰ সাংসদ আৰ, পি শৰ্মাই কৰা বিতর্কিত মন্তব্যৰ পাছত সমগ্ৰ ৰাজ্যব্যাপী প্রতিক্রিয়া সৃষ্টি হোৱাৰ মাজতে বিজেপিৰ বিষয়ববীয়াৰ বৈঠকে সাংসদ গৰাকীৰ বক্তব্য ভিত্তিহীন বুলি নস্যাৎ কৰি মাথোন ভৱিষ্যতে তেনেকুৱা ভিত্তিহীন মন্তব্য নকৰিবলৈ সঁকীয়াই দিয়ে নিজৰ দায়িত্ব সামৰিলে। জনসাধাৰণে অন্ততঃ এই ক্ষেত্ৰত তদন্তৰ আশা কৰিছিল; কিন্তু সেয়া কৰা নহল। ফলত সাংসদ আৰ পি শৰ্মা মানে নৈতিকতাৰ পৰাজয় হল ৷ এতিয়াৰ পৰা কমিছন লোৱাৰ ক্ষেত্ৰত মন্ত্ৰীসকলৰ বাধা নোহোৱা হ'ল। লগতে দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ তোলা সচেতন মানুহখিনিক প্ৰকাৰন্তৰে বুজাই দিয়া হল যে, মুখত শূন্য সহনশীলতাৰ কথা যিমানেই ঢাক-ঢোল বজাই বজাই কোৱা নহওঁক কিয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে কোনো কাম নহ', যেনেকৈ চলি আছে তেনেকৈয়ে চলি থাকিব। কিন্তু বুজাই বুজে কমিছনৰ অংক কেনেকৈ চলে।

ভাৰতবৰ্ষত সম্প্ৰতি ৰাজভৱনৰপৰা পঁজালৈ, প্রশাসন তন্ত্ৰৰ পৰা উদ্যোগ-ব্যৱসায়-বাণিজ্যলৈ, ন্যায়ালয় আৰু চিকিৎসালয়ৰপৰা পবিত্ৰ শিক্ষানুষ্ঠানলৈ, দেৱালয়ৰপৰা ধাৰ্মিক ট্ৰাষ্টলৈ ৰাজনৈতিক নেতা আৰু আমোলাসকলৰ ছত্ৰছায়াত ব্যাপক হাৰে দুৰ্নীতি সংঘটিত হৈ আছে। স্বাধীনতা প্রাপ্তিৰ দহ বছৰ পাছত ১৯৬৩ চনৰ ২১ ডিচেম্বৰত ডাঃ ৰাম মনোহৰ লোহিয়াই ভ্ৰষ্টাচাৰ সম্পৰ্কে নিজৰ ভাষণত কৈছিল- ভাৰতবৰ্ষত সিংহাসন আৰু ব্যৱসায়ৰ মাজত সম্পর্ক ইমানেই দুষিত, ভ্ৰষ্ট আৰু বেইমান হৈ গৈছে যে, এনেকুৱা বিশ্বৰ ইতিহাসত বেলেগ কতো হোৱা নাই।' ৰাম মনোহৰ লোহিয়াৰ ভাষণৰ

প্রাসংগিকতা স্বাধীনতা প্রাপ্তিৰ সত্তৰ বছৰ পাছতো একেদৰেই প্ৰাসংগিক হৈ আছে। মাথোন ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ মাজতে ভ্ৰষ্টাচাৰ সীমাৱদ্ধ হৈ থকা নাই সম্প্রতি ন্যায়পালিকা, প্ৰচাৰ মাধ্যম, সেনা বিভাগতো কম-বেছি পৰিমাণে দুর্নীতি সংঘটিত হোৱাৰ ঘটনা মাজে-সময়ে পোহৰলৈ অহা দেখা যায়।

২০০৫ চনত ট্ৰেন্সপেৰেন্সি ইণটাৰনেচনেলনামৰ এটি সংস্থাই সমীক্ষা চলাই পাইছিল যে, ভাৰতত ৬২ শতাংশলোকে চৰকাৰী কাৰ্যালয়ত কাম কৰোৱাৰ কাৰণে ভেটি দিব লগা হয়। উক্ত সংস্থাই ২০০৮ চনত আন এটি সমীক্ষা চলাই পাইছিল যে, ভাৰতত ন্যায়পালিকাকে ধৰি বেলেগ বেলেগ বিভাগত বছৰি প্ৰায় ২০ কোটি টকা ভেটি দিব লগা হয়। তেওঁলোকে এই ক্ষেত্ৰত আৰক্ষী বিভাগত অধিক দুর্নীতি সংঘটিত হয় বুলি প্ৰকাশ কৰিছিল। কিন্তু সম্প্রতি কোনো কোনো বিভাগ দুৰ্নীতিৰ ক্ষেত্ৰত আৰক্ষী বিভাগকো চেৰ পেলাই গৈছে। বিষয়া-কৰ্মচাৰীসকল নিজৰ সুবিধা সম্পর্কে যিমান সচেতন ৰাইজৰ কামৰ প্ৰতি কিন্তু সিমান সচেতন নহয়। কাৰণ ধনৰ লেন-দেন অবিহনে অফিচৰ ফাইলবোৰ স্থৱিৰ হৈ থাকে, টকা দিলেহে ফাইলবোৰে গতি লাভ কৰে। সকলো বিভাগতে চৰকাৰী ধন মোকলাই দিয়াৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীসকলে এনেকুৱা আচৰণ কৰে যেন সিহঁতে নিজৰ গাঁঠিৰ ধনহে জনতাক বিতৰণ কৰি আছে। এই বিষয়ে কোনো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে কাৰ্যালয়ৰ সকলো কৰ্মচাৰী অভিযোগকাৰীৰ বিৰুদ্ধে সৰৱ হৈ অভিযোগকাৰীকে ভুল সাৱ্যস্ত কৰে। সেয়েহে বহুতে জানি-বুজিও অন্যায় কার্যক প্রশ্রয় দি চলিব লগা হৈছে। ফলত দুর্নীতি নিবাৰণৰ কাৰণে দেশত বিভিন্ন আইন প্রণয়ন কৰা সত্ত্বেও ৰাজনৈতিক নেতা তথা অফিচ-আদালতত সংঘটিত দুৰ্নীতি ভ্ৰষ্টাচাৰ হ্ৰাস পোৱাৰ বিপৰীতে দিনে দিনে বৃদ্ধিহে হৈ আছে।

স্বাধীনতা প্রপ্তিৰ সময়ত মহাত্মা গান্ধীয়ে দেশৰ জনতাক আশ্বাস দিছিল যে, স্বাধীনতা প্রাপ্তি হলে ৰাইজেই ৰজা হব। কিন্তু প্ৰকাৰন্তৰে দেখা গৈছে যে, ৰাইজ মাথোন ভোটদানৰ সময়তহে ৰজা, ভোট প্ৰদানৰ পাছত ৰজা হল ৰাজনৈতিক নেতা আৰু চৰকাৰী কৰ্মচাৰীসকল। চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ এই মনোভাৱৰ মূলতে হল ৰাজনৈতিক নেতাৰ ৰাজনৈতিক নিয়ন্ত্ৰণ৷ প্ৰাক্তন কেবিনেট সচিব টি, এছ, সুব্রমণিয়ামে আমোলাতন্ত্ৰৰ ওপৰত লেখা এখন গ্ৰন্থত লেখিছে- ৰাজনৈতিক নিয়ন্ত্ৰণৰ পাছতে আমোলাসকল ভ্ৰষ্টাচাৰী হৈ পৰিছে। চৰকাৰী কৰ্মচাৰীসকলে স্বাধীনভাবে কোনো কাম কৰিব নোৱাৰে মন্ত্ৰী আৰু নেতাৰ নিৰ্দ্দেশত কাম কৰিব লাগে। আমাৰ ৰাজনৈতিক নেতাসকলে ইচ্ছা কৰিলে এই ব্যৱস্থাৰ পৰিৱৰ্ত্তন কৰিব পাৰে। কিন্তু এনেকুৱা কৰিলে তেওঁলোকৰো লাভৰ মুধা মৰিব এই কথা আমাৰ নেতাসকলে জানে। সেয়ে তেওঁলোকে কৰ্মচাৰীসকলৰ এই ভ্ৰষ্টাচাৰ বন্ধ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰাৰ পৰিৱৰ্ত্তে দুৰ্নীতি কৰিবলৈ প্ৰকাৰন্তৰে উৎসাহিতহে কৰে। চমুকৈ কবলৈ গ'লে ৰাজনীতি ভ্ৰষ্ট হোৱাৰ কাৰণে দেশৰ প্ৰশাসন যন্ত্র ভ্ৰষ্ট হৈছে। সম্প্রতি এনেকুৱা কোনো চৰকাৰী বিভাগ নাই যত ভেটি অর্থাৎ কমিছন অবিহনে কোনো কাম সিদ্ধ হয়।

ৰাজনীতি প্ৰকৃতাৰ্থত সেৱা যদিও বহুতে বর্তমান ইয়াক ব্যৱসায়ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আছে। কাৰণ সময়ে সময়ে সাংসদ, বিধায়ক, ৰাজ্যসভাৰ সদস্যসকল কোটি কোটি টকাৰ বিনিময়ত বিক্ৰী হয় বুলি সংবাদ মাধ্যমযোগে পোহৰলৈ অহা দেখা যায়। মন্ত্ৰী-বিধায়কৰ সম্পত্তি এক দুই বছৰত তিনি চাৰি গুণলৈ বৃদ্ধি পোৱাৰ কথাও মাজে সময়ে পোহৰলৈ আহে। চাকৰি-বাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত লাখ লাখ টকা কমিছন লৈ অযোগ্য প্রার্থী বাচনি কৰা হয়। শিক্ষাৰ দৰে পবিত্ৰ ক্ষেত্ৰও এই ক্ষেত্ৰত পিছপৰি থকা নাই। উপঢৌকন লৈ স্কুল-কলেজত ভৰ্ত্তি কৰোৱা, সামূহিকভাবে নকল কৰাৰ সুবিধা প্ৰদান কৰা, প্রশ্নপত্ৰ মুকলি কৰা, অযোগ্য পৰীক্ষাৰ্থীক উত্তীর্ণ কৰোৱা, জাল প্রমাণপত্ৰ তথা মার্কশ্বীট বনোৱা আদি কার্য শিক্ষাৰ ক্ষেত্ৰখনত মুকলিভাবে চলি আছে। চিকিৎসাৰ ক্ষেত্ৰত ডাক্তৰে জাল প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ লগতে ঔষধ কোম্পানীৰপৰা ভেটি লৈ সাধাৰণ(জেনেৰিক)ঔষধৰ পৰিৱৰ্ত্তে বেলেগ ঔষধ প্ৰেচক্রিপশ্বন কৰা, ভ্রুণ পৰীক্ষা তথা হত্যা, চৰকাৰী দৰমহা লৈ ব্যক্তিগত খণ্ডৰ চিকিৎসায়ত ব্যস্ত থকা আদি ঘটনা সম্প্রতি সাধাৰণ ঘটনালৈ পর্যবর্ষিত হৈছে। ন্যায়পালিকাৰ ক্ষেত্ৰত নকল ডিগ্ৰীৰ জৰিয়তে ওকালতি কৰা (বাৰ কাউন্সিলৰ মতে দেশৰ ৪৫ শতাংশ অধিবক্তাৰ ডিগ্ৰী নকল), বিৰোধী পক্ষৰ অধিবক্তাৰ ওচৰত কেচৰ ৰহস্য প্রকাশ কৰা, সাধাৰণ কেচ এটাত একমাত্ৰ টকা উপাৰ্জনৰ কাৰণে বছৰৰ পাছত বছৰ ধৰি তাৰিখ পেলোৱা আদি কাৰ্য বছৰৰ পাছত বছৰ ধৰি নিৰ্বিবাদে চলি আছে। যাৰ ফলত দেশৰ বিভিন্ন আদালত তিনি কোটি আৰু উচ্চন্যালয়ত ৪০ লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। দুৰ্নীতিৰ লগতে জজৰ অপ্রতুলতাও ইয়াৰ অন্যতম কাৰণ৷ দেশত উচ্চন্যয়ালয়ৰ কাৰণে ১৫০০ আৰু নিম্ন আদালতৰ কাৰণে ২৩০০০ গৰাকী জজৰ প্ৰয়োজন, কিন্তু সম্প্রতি দেশৰ ২৪ খন উচ্চন্যায়ালয়ৰ ৪০ শতাংশ আৰু ৭০৭ খন জিলাৰ ২৬ শতাংশ জজৰ পদ খালী পৰি আছে। গোচৰবোৰ দিনৰ পাছত দিন এইদৰে পৰি থকাৰ ফলত অৰ্থাৎ বিচাৰ প্ৰক্ৰিয়া বিলম্বিত হোৱাৰ ফলত অপৰাধীসকলে অপৰাধ কৰিবলৈ উৎসাহিত হৈ আছে আৰু অপৰাধ তথা ভ্ৰষ্টাচাৰ দিনে দিনে বৃদ্ধি পাই আছে বুলি ভবাৰ থল আছে।

উপৰোল্লিখিত এইবোৰ হল সাধাৰণ কেলেংকাৰী। এইবোৰৰ জৰিয়তে দেশৰ কাম-কাজৰ লগতে দেশৰ উন্নয়ন তথা অর্থনৈতিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পৰিছে যদিও আমাৰ দেশত এনেকুৱা কেইটামান কেলেংকাৰী সংঘটিত হৈ গৈছে যিবোৰে দেশৰ অৰ্থনৈতিক ভাৰসাম্য ব্যাহত কৰিছে। সেই কেলেংকাৰীবোৰৰ ভিতৰত ৪৪ কোটি টকীয়া বফৰ্চ কেলেংকাৰী, ১৩৩৩ কোটি টকীয়া ইউৰিয়া কেলেংকাৰী, ৯৫০কোটি টকীয়া পশুখাদ্য কেলেংকাৰী, ৭০০০ কোটি টকীয়া সত্যম কেলেংকাৰী, সত্তৰ হাজাৰ কোটি টকীয়া কমনৱেলথ গেমচ্ কেলেংকাৰী, ১ লাখ ৬৭ হাজাৰ কোটি টকীয়া ২জি কেলেংকাৰী, ২ লাখ কোটি টকীয়া আনাজ কেলেংকাৰী আৰু ১২ লাখ কোটি টকীয়া কয়লাখনি আৱণ্টন কেলেংকাৰী আদি।

বৃহৎ কেলেংকাৰীৰ জৰিয়তে লাভ কৰা টকা সাধাৰণতে আমাৰ দেশৰ বেংকত জমা কৰা নহয়। কৰ ফাঁকি দিয়াৰ কাৰণে সেইবোৰ চুইচ বেংকতজমা ৰখা হয়। চুইচ বেংকৰ সঞ্চালকে কৈছে- ভাৰতীয় মানুহ দুখীয়া কিন্তু ভাৰত কেতিয়াও দুখীয়া নহয়৷ তেওঁ আৰু প্ৰকাশ কৰিছে যে, চুইচ বেংকত ভাৰতৰ প্রায় ২৮০ লাখ কোটি টকা জমা আছে। এই টকাৰ পৰিমাণ ইমানেই অধিক যে, এই টকাৰে ভাৰতে জনতাৰপৰা কৰ সংগ্ৰহ নকৰাকৈ অহা ত্ৰিছ বছৰৰ কাৰণে বাজেট প্রস্তুত কৰিব পাৰিব। ৬০ কোটি কর্মহীনৰ কাৰণে কর্মসংস্থানৰ ব্যৱস্থা কৰিব পৰা যাব। দেশৰ প্ৰতন্ত গাঁৱৰপৰা দিল্লীলৈকে চাৰি লেনযুক্ত হাইৱে নিৰ্মাণ কৰিবপৰা যাব। এনেকুৱাও কোৱা হয় যে, ইয়াৰ জৰিয়তে পাঁচশতকৈও অধিক সামাজিক প্রজেক্ট সম্পূৰ্ণ কৰিবপৰা যাব। প্রতিজন ভাৰতীয়ক মাহিলি ২০০০ টকাকৈ দিলেও ৬০ বছৰত শেষ নহ'ব। এতিয়া চিন্তা কৰক, আমাৰ ৰাজনৈতিক নেতা আৰু কৰ্মচাৰীসকলে আমাৰৰ্দেশক কেনেদৰে লুটপাত কৰিছে। এক তথ্যত প্ৰকাশ পাইছে যে, ব্ৰিটিচসকলে আমাৰ ভাৰতবৰ্ষত প্রায় দুশ বছৰকাল শাসন-শোষণ চলাই গৈছে। এই দুশ বছৰত তেওঁলোকে ভাৰতৰপৰা ১ লাখ কোটি টকা নিছে; কিন্তু আ | ৰাজনৈতিক নেতা আমোলাসকলে সত্তৰ বছৰত ২৮০ লাখ কোটি লুটপাত কৰিছে। প্রতি মাহত ৩৬০০০ কোটি তথা প্ৰতি বছৰে ৪.৩৭ লাখ কোটি ভাৰতীয় মুদ্ৰা ভাৰতৰপৰা বিদেশৰ বেংকত জমা হৈছে।

ভ্ৰষ্টাচাৰ বন্ধ কৰাৰ বাবে ভাৰতীয় দণ্ড সংহিতা-১৯৬০, ভ্ৰষ্টাচাৰ নিবাৰণ অধিনিয়ম- ১৯৮৮, বেনামী লেন-দেন অধিনিয়ম, অর্থ সংশোধন অধিনিয়ম- ২০০২ কে আদি কৰি কেবাটাও আইন প্রণয়ন কৰা হৈছে যদিও এইবোৰ আইনে ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত ফলপ্রসূ ভূমিকা গ্ৰহণ কৰিবপৰা নাই। এই ক্ষেত্ৰত ৰাইজ সচেতন হ'লেহে আইনসমূহ কাৰ্যকৰী কৰা সম্ভৱ হব।

(জনসাধাৰণ-১৪-১০-১৭)

 

      ইছলাম ধৰ্মত মৌলবাদ আৰু নাৰী সমাজ

টেনিছ কোর্টত চুটি কাপোৰ পিন্ধা বাবে ভাৰতীয় টেনিছৰ চাঞ্চল্য ছানিয়া মির্জাক ঝামত-ই-ইছলাম উলামায়ে হিন্দে সঁকীয়াই দিছে যে, পর্যাপ্ত কাপোৰ নিপিন্ধিলে তেওঁ টেনিছ খেলৰ পৰা আঁতৰি আহিব লাগিব। ইছলাম ধৰ্ম অনুসৰি হাতৰ আঙুলি আৰু ভৰিৰ বাহিৰে সম্পূৰ্ণ অংগ আবৃত নকৰাকৈ নাৰী পুৰুষৰ আগত ওলোৱা নিষেধ। ধর্মীয়ভাবে এই আদেশ পালনৰ কৰাৰ বাবে নিৰ্দেশ দিছে ইছলাম। হজৰত মহম্মদ(ছাঃ)ৰ এদিনৰ এটি ঘটনাৰ পৰা এই কথাৰ প্ৰমাণ পোৱা যায়। এদিন হজৰত মহম্মদ(ছাঃ)এ জীয়েক ফাতিমাৰ লগত সাক্ষাৎ কৰিবলৈ গৈছিল। হজৰত মহম্মদ (ছাঃ)ৰ লগত সিদিনা এজন অন্ধ মানুহ আছিল। হজৰত মহম্মদ(ছাঃ)এ ফাতিমাক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। ফাতিমাই তেতিয়া এই নির্দেশৰ কাৰণ উপলব্ধি কৰিব নোৱাৰি কৈছিল- এওঁতো এজন অন্ধ মানুহ। হজৰত মহম্মদ(ছাঃ)এ তেতিয়া কৈছিল- কিন্তু তুমিতো অন্ধ নহয়।

মৌলবাদীসকলে হতো এই কথাৰে সুযোগ গ্ৰহণ কৰি নাৰীক অন্তেষপুৰৰ বাসিন্দা কৰি ৰখাৰ বাবে সচেষ্ট হৈ আছে। কিন্তু এই আধুনিক যুগত এই বিধি-নিষেধ কিমানদূৰ গ্রহণযোগ্য তাক মৌলবাদীসকলে বিচাৰ-বিশ্লেষণ কৰি চোৱাৰ তাগিদা অনুভৱ নকৰেমৌলবাদীসকলৰ বিশ্বাস যে, কোৰাণ আৰু হাদিছত নিৰ্দেশিত ব্যৱস্থাই একমাত্র শুদ্ধ পথ আৰু আল্লাহৰ নৈকট্য লাভ কৰাৰ একমাত্র উপায়। অতি প্রয়োজনতো ইয়াৰ তিলমানো হীন-ডেঢ়ি কৰাৰ উপায় নাই। সময়ৰ পৰিৱৰ্তনৰ লগতযে কিছুমান নীতি-নির্দেশনাও পৰিৱৰ্তন বা এৰা-ধৰা কৰিব লগা হব পাৰে মৌলবাদীসকল এই নীতিত বিশ্বাসী নহয়। যাৰ ফলত ১৩ বছৰীয়া ভায়েকৰ অপৰাধৰ বাবে দোষী সাৱ্যস্ত কৰি মুখতাৰণক গণধৰ্ষণৰ আদেশ দিব পাৰে, শহুৰেকৰ লালসাৰ বলি পাঁচ সন্তানৰ মাতৃ ইমৰাণাক আগৰ স্বামী ত্যাগ কৰি শহুৰেক আলী মহম্মদৰ লগত বিবাহপাশত আৱদ্ধ হবলৈ বাধ্য কৰাব পাৰে।

ইয়াৰে আলম লৈ অসমতো সম্প্রতি অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি হোৱা বুলি জানিব পৰা গৈছে। ব্যভিচাৰৰ অভিযোগত অভিযুক্তা কৰি বাঁওপন্থী শাসিত পশ্চিম বংগত নাৰীক বিবস্ত্ৰা কৰি গাঁও প্রদক্ষিণ কৰোৱাৰ দৰে জঘন্য ঘটনাও সংঘটিত হৈছে। পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ বৰ্বৰ মানসিকতাৰ এনেকুৱা অলেখ দৃষ্টান্ত হয়তো সিঁচৰতি হৈ আছে সর্বত্র। এই অমানৱীয় কাৰ্য-কলাপৰ অন্তৰালত আছে মৌলবাদীৰ প্ৰত্যক্ষ হস্তক্ষেপ অথবা পৰোক্ষ সমর্থন। পুৰুষৰ নগ্নস্বৰূপ উদঙাই দেখুৱাৰ অপৰাধত তছলিমা নাচৰিণৰ দৰে প্ৰগতিবাদী নাৰীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ দৰে নিৰ্লজ ফতোৱা জাৰিৰ দৰে ঘটনাও ঘটিছে আমাৰ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশত। সাধাৰণ এজনী নাৰীৰ সমালোচনাক যুক্তিৰে খণ্ডন কৰিব নোৱাৰি আত্মসমৰ্পৰ্ণৰ বাট বাচি লোৱা ধৰ্মৰ ধ্বজাবাহীসকলৰ ফতোৱা জাৰি কৰাৰ অধিকাৰ যে ন্যায়সংগত নহয়, তাক আজি প্রগতিশীল নিৰপেক্ষ সমাজে ভাবি চোৱা প্ৰয়োজন। প্রগতিশীল দৃষ্টিভংগীৰ নিৰপেক্ষ মানুহখিনিক মৌলবাদীসকলে শত্ৰুজ্ঞান কৰে। যাৰ ফলত প্ৰগতিশীল চিন্তা আৰু ধ্যান-ধাৰণাত বিশ্বাসী মানুহবিলাকে মৌলবাদীসকলৰ ৰোষৰ বলি হোৱাৰ ভয়ত অমানৱীয় কর্মকাণ্ডবোৰক মুখ বুজি সহ্য কৰি থাকিব লগা হৈছে। এনেকি দেশৰ শাসনযন্ত্ৰয়ো ভোটবেংক হেৰুৱাৰ ভয়ত এই অমানৱীয় কৰ্ম-কাণ্ডৰ প্ৰতি নীৰৱ ভূমিকা গ্ৰহণ কৰি প্ৰকান্তৰে মৌলবাদীসকলক উৎসাহিতহে কৰি আছে। শ্বাহবানু গোচৰ আৰু উপৰোক্ত কৰ্ম-কাণ্ডৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা নলৈ নিষ্ক্ৰিয় হৈ থকাটোৱে তাকে নুসূচায়নে বাৰু? মৌলবাদীসকলৰ ধৰ্মান্ধতাই মুছলিম সমাজক পশ্চাদপদ কৰি ৰখাৰ প্ৰমাণ ইতিহাসৰ পাত মেলিলেই জল্ জল্ পট্‌ পট্‌কৈ ওলাই পৰে। মৌলবাদীসকলৰ দূৰদৰ্শিতাৰ অভাৱৰ কাৰণে মুছলিম সমাজ ভাৰতৰ অন্যান্য উন্নত জাতিৰ তুলনাত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহু যোজন পিছপৰি আছে।

ত ভাৰতৰ ১৩.৮ শতাংশ মুছলিম তত চাকৰিত নিয়োগৰ সংখ্যা তেনেই নগণ্য। চিকিৎসক আৰু অভিযন্তাৰ সংখ্যা ২ আৰু ২.৫ শতাংশ। আই এ এছত নিয়োগৰ সংখ্যা ২.৮৬ শতাংশ আৰু আই পি এছৰ ক্ষেত্ৰত এই হাৰ মাথোন ২ শতাংশ। আয়কৰ বিষয়া ৩.০৬ শতাংশ, ৰাজ্যস্তৰৰ প্রথম শ্রেণী বিষয়া ৩.৩ শতাংশ, বেংক বিষয়া ২.১৮ শতাংশ, বেচৰকাৰী প্ৰতিষ্ঠানত নিয়োগৰ হাৰ ৪.০৮ শতাংশ। এই নিন্মগামী নিয়োগৰ বাবে দায়ী সংখ্যা গৰিষ্ঠৰ পক্ষপাতিত্ব, নে প্রতিযোগিতামূলক পৰীক্ষাত মুছলিম প্ৰতিযোগীৰ নিন্মমানৰ প্ৰদৰ্শন? মহিলা চাকৰিয়ালৰ সংখ্যা এই পৰিসংখ্যাৰ ভিতৰত প্ৰায় শূন্যৰ ঘৰত থকা বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহব। যত সৰ্বভাৰতীয় মহিলা স্বাক্ষৰতাৰ হাৰ ৩৯.২৯ শতাংশ, তাত মুছলিম মহিলা স্বাক্ষৰতাৰ হাৰ মাথোন ১১.৭ শতাংহে।

যি কোৰাণ আৰু হাদীছৰ কথা কৈ নাৰীক অন্তেষপুৰৰ বাসিন্দা কৰি ৰখাৰ বাবে চেষ্টা কৰি থকা হৈছে, সেই কোৰাণ হাদীছত নাৰী জাতি সম্পৰ্কে কি কৈছে সেয়া ফঁহিয়াই চোৱাটো সাম্প্ৰতিক প্ৰেক্ষাপটত অতি প্রয়োজন হৈ পৰিছে। ইছলামৰ সবাতোকৈ গ্রহণ যোগ্য হাদীছ হৈছে বুখাৰী ছৰিফ। বুখাৰী চৰিফত স্পষ্টভাবে লেখা আছে- মাতৃজাতি সমাজৰ অৰ্ধাংশ আৰু অৰ্দ্ধাংগিনী। মাতৃ জাতিৰ প্ৰতি ঘৃণা, তুচ্ছ-তাচ্ছিল্য, উপেক্ষা আৰু আৰু অন্যায়- অত্যাচাৰে সমাজ পংগু কৰি ৰাখিব। মাতৃ জাতি সম্পৰ্কে হজৰত মহম্মদ(ছাঃ)এ দিয়া কেইটামান নিৰ্দেশ বুখাৰী চৰিফত তলত দিয়া ধৰণে উল্লেখ আছে-

(১) যিজনে মাথোন দুজনী ছোৱালী সুন্দৰ্ভাবে ভৰণ-পোষণ আৰু প্ৰতিপালন কৰে বেহেস্তত আঙুলিসমূহ যেনেকৈ ওচৰা-উচৰিকৈ থাকে ঠিক তেনেকৈ তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ ওচৰত থাকিব।

(২) যাৰ ওচৰত ছোৱালী থাকে আৰু তেওঁ যদি ছোৱালীক তুচ্ছ-তাচ্ছিল্য নকৰে আৰু লৰা সন্তানক অগ্ৰাধিকাৰ নিদিয়ে আল্লাহই তেওঁক বেহেস্ত দান কৰিব।

(৩) কোনো নাৰী স্বামীদ্বাৰা পৰিত্যক্তা হৈ নিজৰ পিতৃ গৃহলৈ উভতি আহি পিতৃৰ আশ্ৰয় লৈ থাকিলে তাইৰ কাৰণে পিতৃয়ে যি ব্যয় কৰিব সেয়া সর্বাধিক উত্তম দান বুলি পৰিগণিত হব।

(৪) নাৰী জাতি সৃষ্টিগতভাবে কিছু বক্ৰ স্বভাৱৰ। গতিকে নাৰীক বেঁকা থাকিবলৈ দিয়ে তাইৰ লগত উত্তম আৰু ভাল হৈ জীৱন নিৰ্বাহ কৰিব লাগিব।

(৫) সেইজন পৰিপূৰ্ণ ইমানদাৰ (বিশ্বাসী) যিজনে নিজৰ সহধর্মিনীৰ লগত সদ্ব্যৱহাৰ কৰে আৰু সহানুভূতিশীল হয়।

(৬) সহধর্মিনীক কোনেও প্ৰহাৰ কৰিব নোৱাৰিব।

হাদীছৰ এনেকুৱা নিৰ্দেশ থকা সত্ত্বেও নাৰী জাতিৰ প্ৰতি পুৰুষ শাসিত সমাজৰ যি অমানৱীয় অৱজ্ঞা আৰু শোষণ এয়া কোনো প্রগতিশীল সমাজৰ উদাহৰণ হ'ব নোৱাৰে।

দৰাচলতে যুগৰ আহ্বানত হাদীছৰ নিৰ্দেশো কোনো কোনো ক্ষেত্ৰত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। যেনেইছলাম ধৰ্মত চুৰি কৰিলে হাত কাটি পেলোৱাৰ বিধান আছে। কিন্তু আজি-কালি এনেকুৱা অমানৱীয় কাৰ্য কৰাৰ কথা কোনেও নাভাবে। ইছলাম ধৰ্মত নৃত্য-গীত কঠোৰভাবে নিষিদ্ধ। কিন্তু এইবোৰৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ লৈ লক্ষ্য কৰি মৌলবাদীসকলে কিছু হ'লেও নমনীয় হবলৈ বাধ্য হৈছে। ধৰ্মৰ লক্ষ্য আৰু উদ্দেশ্য যিহেতু শান্তি প্রতিষ্ঠা, গতিকে যুগৰ আহ্বানত মানৱীয় প্ৰমূল্যৰ ওপৰত গুৰুত্ব দি ধর্মীয় বিধানত কিছু শিথিলতা আনিলে নিশ্চয় আল্লাহৰ অভিসম্পাত বৰ্ষিত নহয়। কাৰণ আল্লাহ সর্বজ্ঞ, সুমহান আৰু ক্ষমাশীল

(অগ্রদূত- ২৯ চেপ্তেম্বৰ ২০০৫)

                        সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)