ভাৰত তথা বংগ বিভাজনৰ খুটি-নাটি

 


                                                                       ভাৰত তথা বংগ

             বিভাজনৰ খুটি-নাটি

                     

                      নিবেদন

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ মাধ্যমত ভাৰতৰ স্বাধীনতা সংগ্ৰাম গা কৰি উঠিছিল যদিও বংগ বিভাজনৰ আগলৈকে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্বত থকা কংগ্ৰেছে ভাৰতীয় শাসনত ভাৰতীয়ৰ অংশ গ্রহণ বৃদ্ধিৰ কাৰণেহে প্ৰচাৰণা চলাইছিল। ১৯০৫ চনৰ বংগ বিভাজনৰ পৰা পূৰ্ণ স্বাধীনতা অর্জন কৰাই তেওঁলোকৰ লক্ষ্য হৈ পৰিছিল। ১৯০৫ চনৰ ব্যৰ্থ বংগ বিভাজন ভাৰতীয় মানসিকতাক স্ব- শাসনৰ পৰা পূৰ্ণ স্বাধীনতাৰ ফালে পৰিচালিত কৰাৰ কাৰণে এক গুৰুত্বপূৰ্ণ অনুঘটক আছিল৷

বংগ বিভাজনৰ আগত পূৰ্ব আৰু পশ্চিম বংগৰ উভয় ধৰ্মৰ বহু বাঙালী, বাঙালী জাতীয়তাবাদৰ পক্ষপাতি আছিল। বংগ বিভাজনৰ পাছত পূৰ্ব বংগৰ বাঙালী মুছলমানসকলে তেওঁলোকৰ হিন্দু প্রতিবেশীৰ পৰা স্বতন্ত্ৰ এক সামাজিক, অর্থনৈতিক সম্প্রদায় হিচাপে নিজস্ব স্বতন্ত্ৰ পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰে। ১৯১১ চনত যদিও বংগ ভংগ ৰদ কৰা হৈছিল, তথাপিও ইয়াৰ মাজতে পূৰ্ববংগৰ মুছলমানসকলে আইন সভাত আধিপত্য বিস্তাৰৰ সোৱাদ পাইছিল। ১৯০৬ চনত মুছলমানসকলৰ সুস্পষ্ট স্বাৰ্থ ৰক্ষাৰ কাৰণে পূৰ্ব বংগৰ ৰাজধানী ঢাকাত খাজা ছলিমুল্লাহৰ নেতৃত্বত মুছলিম লীগ গঠন কৰে। ১৯১৬ চনত কংগ্ৰেছ আৰু মুছলিম লীগ উভয় দলে সাম্প্ৰদায়িক স্বাৰ্থ ৰক্ষাৰ কাৰণে পৃথক নির্বাচনী এলেকা স্থাপনৰ সিদ্ধান্ত লয় । এয়া ১৯১৯ চনত আইনত পৰিণত হয়। ইয়াৰ ফলত বংগীয় আইন সভাত মুছলমানৰ আসন সংখ্যা বৃদ্ধি পায়। ১৯৩০ চনৰ ২৯ ডিচেম্বৰত এলাহাবাদত অনুষ্ঠিত মুছলিম লীগৰ সন্মিলনত দাৰ্শনিক-কবি-ৰাজনীতিবিদ মহম্মদ ইকবালে সর্বপ্রথমে পৃথক মুছলিম ৰাষ্ট্ৰৰ ধাৰণা উত্থাপন কৰিছিল। ১৯০৫ চনৰ বংগ বিভাজনৰ সূত্ৰ ধৰি মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চল, হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলৰ পৰা পৃথক কৰি স্বতন্ত্ৰ মুছলিম ৰাষ্ট্ৰ গঠন কৰাৰ কথা প্ৰস্তাৱ কৰা হৈছিল। ১৯৩৩ চনৰ ২৮ জানুৱাৰীত চৌধুৰী ৰহমতআলী কর্তৃক মুছলিমৰ কাৰণে পৃথক ৰাষ্ট্ৰৰ ধাৰণা উপস্থাপন কৰা হৈছিল। তাত তেওঁ পাঞ্জাৱ, আফগানিস্থান প্রদেশ, কাশ্মীৰ, সিন্ধু আৰু বেলুচিস্তানক লৈ পৃথক পাকিস্তান ৰাষ্ট্ৰ গঠন কৰা যাব পাৰে বুলি ধাৰণা এটা দিছিল। এয়াই পাছত দ্বি-জাতি তত্ত্ব হিচাপে পৰিচিতি লাভ কৰিছিল। ৰহমত আলী চৌধুৰীয়ে তেতিয়া বংগক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰা নাছিল। তেওঁ পৰামৰ্শ আগবঢ়াইছিল যে, বংগৰ মুছলমানসকলে পৃথক তৃতীয় ৰাষ্ট্ৰ গঠন কৰা উচিত। যাৰ নাম হ'ব পাৰে বঙ্গস্থান ৷

এই ধাৰণাৰ বশৱৰ্তী হৈয়ে সম্ভৱতঃ বাংলাৰ তদানীন্তন মুখ্যমন্ত্ৰী হোসেন শহীদ সোহৰাওয়ার্দিয়ে হিন্দু-মুছলমান সকলো বাঙালীৰ কাৰণে এখন একক, সার্বভৌম স্বাধীন ৰাষ্ট্ৰৰ প্ৰস্তাৱ ৰাখিছিল আৰু হিন্দুসকলৰ সমৰ্থন আদায়ৰ কাৰণে আগবাঢ়ি আহিছিল। মহম্মদ আলী জিন্নাহইও ইয়াৰ বিৰোধিতা কৰা নাছিল আৰু ব্ৰিটিছ চৰকাৰো এই প্ৰস্তাৱৰ প্ৰতি সহানুভূশীল থকাৰ ইঙ্গিত দিছিল। তথাপিও কিয় ভাৰত তথা বাংলাক বিভাজন কৰা হৈছিল গ্ৰন্থখনত সেই বিষয়ে আলোচনা কৰা হৈছে ৷ গ্ৰন্থখন ৰচনা কৰোঁতে ড০ আবু মোঃ দেলোয়াৰ হোসেন ৰচিত বাংলাদেশেৰ ইতিহাস, গোলাম আহমাদ মোর্তজা ৰচিত বজ্ৰ কলম, ভাৰতৰ প্ৰথম শিক্ষামন্ত্রী আবুল কালাম আজাদ ৰচিত ইণ্ডিয়া উইনচ ফ্ৰীডম আৰু গগলৰ সহায় লোৱা হৈছে। গ্ৰন্থখনত ৰৈ যোৱা ভুলত্রুটিৰ বাবে মই ক্ষমাপ্রার্থী। কোনো তথ্য বিভ্ৰাট পাঠকৰ চকুত ধৰা পৰিলে, সেয়া আঙুলিয়াই দিলে পৰৱৰ্তী পৰ্যায়ত সংশোধন কৰাৰ প্ৰয়াস কৰা হ'ব । গ্ৰন্থখন পাঠকে আদৰি ল'লে মোৰ পৰিশ্ৰম সাৰ্থ হোৱা বুলি ভাবিম। গ্ৰন্থখন ৰচনা কৰাৰ কাৰণে গৰেমাৰী পাথাৰৰ সুহৃদ বন্ধু নুৰুল ইছলামে মোক উদগনি দিয়াত তেওঁৰ প্ৰতি মোৰ কৃষ্ণতা থাকিলইতি

                                   আবুল হুছেইন যতিগাঁও, বৰপেটা

 

                     সূচীপত্র

দেশ বিভাজনৰ পটভূমি-

কেনেকৈ সৃষ্টি হৈছিল বাংলা ভাগৰ পটভূমি

ফজলুল হক মন্ত্রীসভা

নাজিমুদ্দিন মন্ত্রী সভা-

সোহৰাওয়ার্দি মন্ত্রীসভা

অখণ্ড বাংলা গঠনৰ প্ৰস্তাৱ-

যুক্ত বাংলা প্ৰভাৱৰ প্ৰাক্কালত ভাৰত আৰু বাংলাৰ দলীয় নীতি- বসু-সোহৰাওয়ার্দি চুক্তি

বসু-সোহৰাওয়ার্দি প্ৰভাৱৰ প্ৰতিক্ৰিয়া-

যুক্ত বাংলা গঠনত ব্যৰ্থতাৰ কাৰণ

বাংলা বিভাজন

বাংলা বিভক্তিৰ ফলাফল-

লাহোৰ প্ৰভাৱৰ ধাৰা(বৈশিষ্ট্য)

কেনেকৈ অঙ্কুৰিত হৈছিল ভাৰত বিভাজনৰ বীজ

দিল্লীৰ গণহত্যা-

কোন কোন ব্যক্তি আৰু সংগঠন ভাৰত

বিভাজনৰ বিপক্ষে আছিল-

ভাৰত-পাকিস্তান পুনৰ মিলন প্ৰস্তাৱ

চমুকৈ ভাৰত বিভাজন-

প্ৰত্যক্ষ সংগ্ৰাম দিৱস

ভাৰতীয় নাগৰিকত্ব আইন-১৯৫৫

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম-২০১৯

 

 ভাৰত তথা বংগ বিভাজনৰ খুটি-নাটি

প্ৰস্তাৱনা- পক্ষপাতদুষ্ট ইতিহাস চৰ্চাৰ কথা সততে উচ্চাৰিত হোৱা দেখা যায় ৷ গোলাম আহমাদ মোর্তজা তেওঁৰ গ্ৰন্থ বজ্ৰ কলমত এই বিষয়ে অধ্যাপক শান্তিময় ৰায়ৰ উদ্ধৃতি দি লিখিছে- আমাৰ দেশত মিথ্যা ইতিহাস সৃষ্টি কৰাটো এক শিল্প হৈ থিয় দিছে । ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ইতিহাস লিখিবলৈ গৈ তেওঁলোকে লিখিছে- মাতৃৰ আহবানত সঁহাৰি দি তেওঁ মাতৃভক্তিত চাকৰি এৰি দি জাঁপ দিলে দামোদৰ নদীত। সাঁতুৰি আহি গ'ল মাতৃৰ ওচৰত। অথচ তেওঁৰ সহোদৰ শম্ভুচৰণ, যিজন একেই পৰিবাৰৰ, একেই পৰিবেশ, একেই বুকুৰ স্তন্যদুগ্ধে প্রতিপালিত, তেওঁ কৈছিল, ঈশ্বৰচন্দ্ৰ কোনোদিন সাঁতুৰিবলৈ শিকা নাছিল ।

সমগ্ৰ ভাৰত তথা বিশ্বৰ য'তেই ৰামকৃষ্ণ পৰমহংসদেৱগৈছে, তেই ৰামকৃষ্ণ পৰমহংসদেৱৰ নামৰ মহত্ত্ব বৃদ্ধি কৰাৰ কাৰণে তেওঁক হজৰত মহম্মদ (ছাঃ)ৰ দৰে নিৰক্ষৰ বুলি প্ৰচাৰ চলোৱা হৈছে । অথচ বাস্তব সত্য এয়ে যে, তেওঁ ছবি আঁকিব জানিছিল আৰু বাংলা মাথোন লিখিবই জনা নাছিল, তেওঁৰ হস্তাক্ষৰ আছিল অত্যন্ত সুন্দৰ আৰু চিত্তাকর্ষক।

চৰিত্ৰবান ঐতিহাসিকসকলৰ চৰিত্ৰৰ এনেকুৱাই গুণ যে, স্বাধীনতা আন্দোলন পৰ্বৰ যিজন জাতিৰ জনক, তেওঁৰ নাম হিচাপে যাতে কোনেও নিহত সিৰাজউদ্দৌলাৰ নাম ল'ব নোৱাৰে তাৰ কাৰণে মিছা ইতিহাস সৃষ্টি কৰি কোৱা হৈছে, তেওঁ হেনো চৰিত্রহীন, বিলাসী, মদপী আৰু নিষ্ঠুৰ আছিল। নিষ্ঠুৰতাৰ ইতিহাস লিখিবলৈ গৈ লিখিব লগা হৈছে অন্ধকূপ হত্যাৰ ইতিহাস। আৰু ইয়াৰ সৃষ্টিকৰ্তা হৈছে লেখক হলওয়েল মনুমেণ্ট। কিন্তু বঙ্গীয় বীৰ সন্তান অক্ষয় কুমাৰ মৈত্ৰ আৰু সুভাষ বসুৰ চেলেঞ্জ ও প্ৰতিবাদৰ ফলত সেই মনুমেণ্ট ভাঙ্গি পেলোৱা হৈছে আৰু ইতিহাসো মছি পেলোৱা হৈছে, যিবোৰ পঞ্চম শ্ৰেণীৰ পৰা এম, এ পর্যন্ত পঢ়োৱা হৈছিল অবাধে।

গতিকে ইতিহাস অধ্যয়ন কৰিবলৈ গৈ সততে সন্দেহৰ আৱৰ্তত পৰিব লগা হয়। আমি অধ্যয়ন কৰি থকা ইতিহাস প্ৰকৃততে সঁচানে? ভাৰত বিভাজন আৰু বংগ বিভাজনৰ কাৰণে সততে মুছলমানসকলক দোষাৰূপ কৰা হয় যে, মুছলমানসকলৰ কাৰণেই ভাৰত তথা বংগ বিভাজন হৈছে । এই বিষয়ে অনুসন্ধান কৰিবলৈ গৈ সাম্প্ৰতিক কালৰ কিছু তথ্যৰ পৰা জানিব পৰা গৈছে কাৰ প্ৰৰোচনাত ভাৰত তথা বংগ বিভাজন হৈছিল। বহুজন সমাজ দলৰ প্ৰচেষ্টাত বংগ বিভাজন সম্পর্কে কিছু তথ্য উদ্ধাৰ কৰা হৈছে। তাৰে আলোকত ভাৰত আৰু ভাৰত তথা বংগ বিভাজনৰ বিষয়ে কিছু কথা পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰথমে আমি কোন অঞ্চলত জনসংখ্যাৰ বিন্যাস কি ধৰণৰ আছিল সেয়া পৰ্যালোচনা কৰাটো প্ৰাসংগিক হ'ব। বংগত তফসিলী জাতিসহ হিন্দু ৪১.৫ আৰু মুছলমান ৫৪, পাঞ্জাৱত হিন্দু ২৬.৫ আৰু মুছলমান ৫৭, সিন্ধুত হিন্দু ২৭.১ আৰু মুছলমান ৭০.৭, বেলুচিস্থানত হিন্দু ০.৮ আৰু মুছলমান ৮৭ শতাংশ আছিল । বাংলা প্রদেশ তেতিয়া বৰ্দ্ধমান ডিভিশন, প্রেসডেন্সি ডিভিশন, রাজসাহী ডিভিশন, ঢাকা ডিভিশন, চট্টগ্রাম ডিভিশন হিচাপে বিভক্ত আছিল ৷ জন সংখ্যাৰবিন্যাস আছিল এনেদৰে- বৰ্দ্ধমান- হিন্দু ৭৮.৯৮ আৰু মুছলমান ১৩.৯, প্রেসিডেন্সিত- হিন্দু ৫৩.৭০ আৰু মুছলমান ৪৪.৫৬, ৰাজশাহীত-৩০.৫১ আৰু মুছলমান- ৬২.৫২, ঢাকা ডিভিশনত-হিন্দু ২৭.৭০ আৰু মুছলমান ৭১.৫৯, চট্টগ্রামত হিন্দু ২০.৭ আৰু মুছলমান- ৭৫.৪০ শতাংশ আছিল । এনেকুৱা জন বিন্যাস থকা সত্ত্বেও মুছলমানসকলে বংগ বিভাজন দাবী কৰা নাছিল বুলি নানা উৎসৰ পৰা জানিব পৰা যায় ৷

         দেশ বিভাজনৰ পটভূমি-

বিভিন্ন সুত্ৰত প্ৰকাশ পোৱামতে কংগ্ৰেছেই প্রথমে কলিকতাৰ সিংঘী পাৰ্কৰ অধিবেশনত দেশ ভাগ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছিল। এই কথা শুনি মহম্মদ আলী জিন্নাহই ভাইচৰয় মাউন্টবেটেনৰ ওচৰলৈ গৈ ক'লে- দেশ যদি ভাগ কৰিব লগা হয়ে তেনেহ'লে মুছলমান সকলৰ কাৰণে স্বতন্ত্ৰ দেশ লাগিব। এই কথা শুনি হিন্দু মহাসভাৰ ড০ শ্যামাপ্রসাদ মুখার্জী বাংলাৰ গভর্নৰ ফ্রেডাৰিক ব্রোজৰ ওচৰলৈ গৈ দাবী জনালে, দেশ যদি বিভাজন হয়, তেনেহ'লে বাংলাও বিভাজন কৰিব লাগিব । এই প্ৰস্তাৱ অহাৰ পাছত মাউন্টবেটেন বিমোৰত পৰি ১৯৪৭ চনৰ ২ জুনত নিজৰ ঘৰতে কংগ্ৰেছ, মুছলীম লীগ আৰু শিখ জনগোষ্ঠীৰ এজন নেতাক মাতি ত্রিদলীয় বৈঠক আহবান কৰিলে। উক্ত বৈঠকত কংগ্ৰেছৰ তৰফৰ পৰা জওহৰলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেল আৰু আচার্য কৃপালনী, মুছলিম লীগৰ মহম্মদ আলী জিন্নাহ, লিয়াকত আলী খান আৰু আব্দুৰ ৰব নিস্তাৰ আৰু শিখ জনগোষ্ঠীৰ তৰফৰ পৰা সদাৰ বলদেৱ সিংহক আহবান জনালে। কিন্তু তফশিলী উপজাতিৰ সৰ্বভাৰতীয় নেতা বাবা সাহেব আম্বেদকাৰ আৰু বাংলাৰ তফশিলী জাতিৰ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব যোগেন্দ্র নাথ মণ্ডলক আমন্ত্রণ জনোৱা নহ'ল ৷

উক্ত বৈঠকত মাউণ্টবেটেনে দেশ ভাগৰ বিষয়ে প্ৰস্তাৱ আগবঢ়ালে। তেতিয়া বৈঠকত উপস্থিত ব্যক্তিসকলে তেওঁক জনালে যে, এই বিষয়ে তেওঁলোকে একো ক'ব নোৱাৰিব, কিন্তু বাংলা ভাগৰ বিষয়ে এটি পৰামৰ্শ আগবঢ়াব পৰা যায় ৷ তেতিয়া মাউণ্টবেটেনে সুধিলে, কি সেই পৰামৰ্শ ? উপস্থিত ব্যক্তিসকলে জনালে, বাংলাৰ বিধানসভাত যিমান এমএলএ তথা এমএলচি আছে তেওঁলোকৰ হিন্দু আৰু মুছলমান অধ্যুষিত জিলাৰ সদস্যসকলকলৈ বেলেগে বেলেগে বৈঠক অনুষ্ঠিত কৰিবপৰা যায় ৷ যিবোৰ জিলাত মুছলমান সদস্য বেছি সেইবোৰ জিলাত মুছলমানসকলক লৈ বৈঠকত বহিব আৰু যিবোৰ জিলাত হিন্দু সদস্য বেছি তাত মুছলমান আৰু হিন্দু সদস্য মিলি বৈঠকত বহিব। এই দুই বৈঠকৰ কোনো এখন বৈঠকত যদি বাংলা বিভাজনৰ স্বপক্ষে মত প্রকাশ কৰে, তেনেহ'লে বাংলা ভাগ মানি লোৱা হ'ব। ১৯৪৭ চনত বাংলা এচেমরিত ২২৫ জন সদস্য আছিল। তাৰে হিন্দু প্রধান জিলা কেইখন আছিল- বৰ্দ্ধমান, বীৰভূম, বাকুৰা, মেদিনীপুৰ, হাওৰা, হুগলি, কলিকতা, ২৪ পৰগণা, খুলনা, জলপাইগুৰি আৰু দাৰ্জিলিং। এই কেইখন জিলাত সৰ্বমুঠ সদস্য সংখ্যা আছিল ৮০ জন ৷ তাৰে হিন্দু সদস্য ৫৪ জন, মুছলমান ২১ জন, এংলো ইণ্ডিয়ান ৪ জন, ভাৰতীয় খ্ৰীষ্টান ১ জন। সিদ্ধান্ত আছিল হিন্দু অধ্যুষিত অঞ্চলৰ বৈঠকত সভাপতিত্ব কৰিব এজন হিন্দু আৰু মুছলমান অধ্যুষিত এলেকাৰ বৈঠকত সভাপিতত্ব কৰিব এজন মুছলমানে। হিন্দু এলেকাৰ বৈঠকত সভাপতিত্ব কৰিছিল বৰ্দ্ধমানৰ মহাৰজা উদয় চাঁদ মহতাব আৰু মুছলমান এলেকাৰ বৈঠকত সভাতিত্ব কৰিছিল এজন মুছলমানে ৷ সেই বৈঠকত হিন্দু সকলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ড০ শ্যামাপ্রসাদ মুখার্জী, উদয় চাঁদমহতাব, মুকুন্দ বিহাৰী মল্লিক. ৰতনলাল ব্ৰাহ্মণ আৰু জ্যোতি বসু। মুছলমানসকলৰ ভিতৰত উপস্থিত আছিল এইচ, এচ সোহৰাওয়ার্দি, এম, , ইস্পাহানি, আবুল হোসেন, আব্দুৰ ৰহমান আৰু মোশাৰফ হোসেন। ভোট হ'ল। কোনে কাৰ পক্ষত ভোটদান কৰিছে জনা নাযায়, কিন্তু দেখা গ'ল বাংলা বিভাজনৰ পক্ষত ভোট প্রদান কৰিছে ৫৮ জনে আৰু বাংলা বিভাজনৰ বিপক্ষে ২১ জনে। এজন সদস্য হয়তোবা অনুপস্থিত আছিল নহ'লে ভোট প্রদান কৰা নাছিল ।

আনহাতে মুছলমান প্রধান জিলা আছিল ১৬ খন। চট্টগ্রাম, নোয়াখালি, ত্ৰিপুৰা, বাখৰগঞ্জ, ঢাকা, মৈমন সিং, ফৰিদপুৰ,, যশোহৰ, মুচিদাবাদ, নদীয়া, বগুৰা, দিনাজপুৰ, মালদহ, পাবনা, ৰাজশাহী আৰু ৰংপুৰ। এই জিলাকেইখনত সদস্য সংখ্যা আছিল ১৪৫ গৰাকী। এওঁলোকৰ ভিতৰত মুছলিম সদস্য আছিল ১০৩ জন, হিন্দু ৪১ জন আৰু ইণ্ডিয়ান খ্ৰীষ্টান ১ জন। উক্ত বৈঠকত হিন্দু বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত উপস্থিত আছিল দ্বাৰিকানাথ বাৰুৰী, নগেন্দ্ৰ নাৰায়ন ৰায়, মহাৰাজা গিৰীশ চন্দ্ৰ নন্দী, সতীশ চক্ৰৱৰ্তী, ভোলানাথ বিশ্বাস, হাৰান চন্দ্ৰ বৰ্মন, গয়ানাথ বিশ্বাস, কিৰণ শংকৰ ৰায়, ধীৰেন্দ্ৰ নাথ দত্ত, নেলী সেনগুপ্তা আৰু প্ৰমদৰঞ্জন ঠাকুৰ। মুছমানসকলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল এ, কে, ফজলুল হক, মহম্মদ আলী, নুৰুল আমীন, আহাম্মদ আলী, সামছুদ্দীন আৰু কেইজনমান ৷ ভোট প্রদানৰ পাছত দেখা গ'ল বাংলা বিভাজনৰ বিপক্ষে ভোট প্রদান কৰিছে ১০৬ জনে আৰু পক্ষে ভোটদান কৰিছে ৩৪ জনে। ৫ জন সদস্য হয়তোবা অনুপস্থিত আছিল, নহ'লে ভোট প্ৰদান কৰা নাছিল। দেখা গ'ল হিন্দু প্রধান এলেকাত বাংলা বিভাজনৰ পক্ষত বেছি ভোটদান কৰা হ'ল আৰু মুছলমান প্রধান এলেকাত বাংলা বিভাজনৰ বিপক্ষে বেছি ভোটদান কৰা হ'ল। বৈঠক অনুষ্ঠিত কৰাৰ আগতে সিদ্ধান্ত লোৱা আছিল, দুখন বৈঠকৰ কোনো এখন বৈঠকে যদি বাংলা বিভাজনৰ পক্ষে এজন সদস্যও বেছি ভোট দান কৰে তেনেহ'লে বাংলা বিভাজন কৰা হ'ব। ফলত স্বাধীনতাৰ প্ৰাকমুহূৰ্তত এনেকৈয়ে বাংলা বিভাজন কৰা হৈছিল ।

দেশ বিভাজনৰ পাছত মাউণ্টবেটেনে নেতৃস্থানীয় ব্যক্তি জওহৰলাল নেহৰুক কৈছিল, আপোনালোকে কি কৰিলে ৷ তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, দেশ যদি বিভাজন হয় মোৰ মৃতদেহৰ ওপৰেদি বিভাজন হ'ব লাগিব। কিন্তু দেশ যেতিয়া বিভাজন হ', মহাত্মা গান্ধীক সুস্থ তবিয়তেই থকা দেখা গ'ল। অকণো অসুস্থ হোৱা নাছিল। বাংলা ভাগৰ ক্ষেত্ৰত ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ বলিষ্ঠ ভূমিকা আছিল। তেখেত ১৯৩৯ চনত হিন্দু মহাসভাত যোগদান কৰি ভাৰপ্ৰাপ্ত সভাপতি নির্বাচিত হৈছিল আৰু ১৯৪০ চনত তেওঁ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৪১ চনৰ ফেব্রুয়াৰি মাহত তেওঁ এটি হিন্দু সমাবেশত ভাষণ প্রদান কৰি কৈছিল, মুছলমানসকলে যদি পাকিস্তানত থাকিব বিচাৰে তেহেলে বেগ, মালপত্র গোটাই পাকিস্তানলৈ গুচি যাব পাৰে ৷ মুছলমান অধ্যুষিত পাকিস্থানত হিন্দু সংখ্যাগৰিষ্ঠ এলেকাবোৰৰ অন্তৰ্ভূক্তি বাধা দিয়া কাৰণে ১৯৪৬ চনত তেওঁ বংগভংগৰ দাবী জনাইছিল। ১৯৪৭চনৰ ১৫ এপ্ৰিলত হিন্দু মহাসভা কর্তৃক তাৰকেশ্বৰত অনুষ্ঠিত এটি সভাত বংগভংগ নিশ্চিত কৰাৰ কাৰণে অনুমোদন লোৱা হৈছিল। তেওঁ ১৯৪৭ চনৰ মে মাহত লৰ্ড মাউণ্টবেটেনক চিঠি লিখি জনায় যে ভাৰত ভাগ নকৰিলেও বংগ ভংগ অৱশ্যেই কৰিব লাগিব। তেওঁ সুভাষ চন্দ্ৰ বসুৰ ভ্ৰাতৃ শৰৎ চন্দ্ৰ বসু আৰু মুসলিম ৰাজনীতিবিদ হোসেন শহীদ সোহৰাওয়ার্দিৰ অখণ্ড স্বাধীন বাংলাৰসপোন এইদৰেই ব্যর্থ কৰি দিছিল। অখণ্ড বাংলাৰ সপোন ব্যর্থ হোৱাত মুছলিম লীগ সমর্থকসকলে পূর্ব পাকিস্থানৰ নোয়াখালিত হিন্দু গণহত্যা কৰিছিল । ফলত বাংলা ভাগ নিশ্চিত হৈ পৰিছিল ।

পশ্চিম বংগৰ সমাজসেৱী কবিয়াল মনোৰঞ্জন চৰকাৰৰ এটি সাক্ষাৎকাৰত বংগভংগ সন্দৰ্ভত বহু কথা প্ৰকাশ পাইছে। তেওঁ সাক্ষাতকাৰটিত প্ৰকাশ কৰিছে যে, মুছলিম লীগৰ কোনো নেতাই বাংলা ভাগ কৰিব খোজা নাছিল। তেওঁ কৈছে, ১৯৪৬ চনৰ ২৫ জুলাই কলিকতাৰ এলবাৰ্ট হলত এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত মহম্মদ আলী জিন্নাহক সোধা হৈছিল- আপুনি বাংলা ভাগৰ পক্ষে, নে বিপক্ষে? তেতিয়া জিন্নাহই কৈছিল- মই সিদিনাই বেছি সুখী হ', যিদিনা শুনিম বাংলা ভাগ নহ'ব ৷ অথচ বাংলা ভাগৰ কাৰণে মহম্মদ আলী জিন্নাহকে বেছি জগৰীয়া কৰা হয় ৷ জিন্নাহই নহয়, বাংলা ভাগৰ স্বপক্ষে কট্টৰ মুছলমান সকলো নাছিল। শৰৎ চন্দ্ৰ বসু, কিৰণ শংকৰ ৰায় আৰু মুছলিম লীগৰ সাধাৰণ সম্পদক আবুল হাশিম বাংলা ভাগৰ বিপক্ষে আছিল। শ্যামাপ্রসাদ মুখাৰ্জীৰ লগতে কংগ্ৰেছৰ প্রায় সকলো নেতাই বাংলা ভাগৰ স্বপক্ষে আছিল ৷ দক্ষিণ ভাৰতৰ বাল গংগাধৰ তিলক, উত্তৰ ভাৰতৰ বল্লভভাই প্যাটেল, জওহৰলাল নেহৰু, লালা লাজপত ৰায়, টাটা, বিৰলা, গোৱেঙ্কা, ৰমেশ চন্দ্ৰ মজুমদাৰ, বিজ্ঞানী মেঘনাদ সাহা, যদুনাথ চৰকাৰ আটায়ে বাংলা ভাগৰ পক্ষে আছিল। অথচ ১৯০৫ চনত যেতিয়া বাংলা ভাগ কৰা হৈছিল তেতিয়া আটায়ে বাংলা ভাগৰ বিপক্ষে আছিল। ফলত ১৯১১ চনত পুনৰ বাংলা একত্ৰিকৰণ কৰা হৈছিল। তেতিয়া কোৱা হৈছিল,আমি সকলো বাঙ্গালী এক । আমি আগতে বাঙ্গালী পাছতহে হিন্দু আৰু মুছলমান ৷

 কেনেকৈ সৃষ্টি হৈছিল বাংলা ভাগৰ পটভূমি

বংগ নিউজ লাইভ'ত প্ৰকাশিত কবিয়াল মনোৰঞ্জন চৰকাৰৰ ভাষ্য অনুসৰি বাংলা ভাগৰ পটভূমি আচলতে সৃষ্টি হৈছিল ১৯৩৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত। তফচিলী নেতা যোগেন্দ্ৰ নাথ মণ্ডল হিন্দু প্ৰভাৱশালী নেতা অশ্বিনী কুমাৰৰ ভ্ৰাতৃ প্ৰসাৰণ দত্তৰ বিৰুদ্ধে ১৯৩৭ চনৰ নিৰ্বাচনত বৰিশালত জয়ী হৈছিল। এয়া আছিল কংগ্ৰেছৰ কাৰণে এক ডাঙৰ আঘাত । ব্ৰিটিছ শাসনকালত মুছলমান আৰু তফচিলী জাতি যেনে, নমঃশূদ্ৰ, ৰাজবংশী, মাহিষ্য, বৰ্ণ ক্ষত্রিয়, চামাৰ, কুমাৰ, হাড়ি, মুচি, ডোম, তেলী ইত্যাদি শিক্ষাৰ ক্ষেত্ৰত বহু আগবাঢ়ি গৈছিল। ফলত এওঁলোকে ৰাজনীতিতো অংশ গ্রহণ কৰিবলৈ লৈছিল । এয়া ব্ৰাহ্মণ্যবাদীসকলৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছিল৷ ব্ৰাহ্মণ্যবাদীসকলে বিচৰা নাছিল, নিম্নবৰ্ণৰ লোকসকল ৰাজনৈতিকভাবে উঠি আহক ৷ ইয়াৰ মাজতে গুৰুচাঁদ ঠাকুৰৰ প্ৰচেষ্টাত তফচিলী জাতিৰ মাজত শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰ আৰম্ভ হৈছিল ৷ ফলত ব্ৰাহ্মণ্যবাদীসকল ক্ষুব্ধ হৈ উঠিছিল। যাৰ বাবে বাবা চাহেব আম্বেকাৰ যাতে গণপৰিষদলৈ গৈ সংবিধান ৰচনাত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে ব্ৰাহ্মণ্যবাদীসকল উঠি-পৰি লাগিছিল। এই কাৰ্যত তেওঁলোক সফলো হৈছিল। কিন্তু তপচিলী নেতা যোগেন্দ্ৰ নাথ মণ্ডলে তেওঁক বাংলালৈ মাতি আনি সাতজন নির্বাচিত বিধায়কৰ জৰিয়তে ভোট প্ৰদান কৰোৱাই গণপৰিষদলৈ নিৰ্বাচিত কৰি পঠিয়াইছিল। এয়াও আছিল ব্ৰাহ্মণ্যবাদীসকলৰ কাৰণে এক ডাঙৰ আঘাত ৷

                    ফজলুল হক মন্ত্রীসভা

বাংলাৰ ইতিহাসত ১৯৩৭ চনৰ পৰা ১৯৪৭ চনলৈকে এই বছৰ কেইটা আছিল অতি গুৰুত্বপূর্ণ।এই সময় ছোৱাত বাংলাত মুঠ চাৰিখন মন্ত্রীসভা গঠন হৈছিল। (ক) এ, কে, ফজলুল হকে (১৯৩৭- ১৯৪১) চনত প্ৰথমে মন্ত্ৰী সভা গঠন কৰিছিল। (খ) এ, কে, ফজলুল হকৰ দ্বিতীয় মন্ত্রীসভা (১৯৪১- ১৯৪৩) চন (গ) খাজা নাজিমুদ্দিন মন্ত্রী সভা (১৯৪৩-১৯৪৫)চন আৰু (ঘ) হোসেন শহীদ সোহৰাওয়ার্দি মন্ত্রীসভা(১৯৪৬-১৯৪৭) চন। এই সময় ছোৱাত বাংলাৰ ৰাজনীতিত মুছলিম সমাজৰ উত্থান, বিকাশ আৰু পাকিস্তান আন্দোলনৰ বিকাশ ঘটিছিল। পৰিণামত ব্ৰিটিছ চৰকাৰে একেবাৰে শেষ মুহূৰ্তত ভাৰত ভাগ কৰি পাকিস্তান আৰু ভাৰত নামৰ দু'টি সাৰ্বভৌম ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছিল ৷

ফজলুল হকৰ প্ৰথম মন্ত্ৰী সভা- ১৯৩৭ চনৰ নিৰ্বাচনত বংগত কোনো এটি ৰাজনৈতিক দলেই সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল। ফলত কোয়ালিশ্বন মন্ত্রীসভা গঠন কৰিবলৈ বাধ্য হৈছিল। বাংলাৰ গভর্নৰে প্ৰথমে বাংলা কংগ্ৰেছৰ সভাপতি শৰৎ বসুক মন্ত্রীসভা গঠন কৰিবলৈ আহবান জনাইছিল। কিন্তু শৰৎ চন্দ্ৰ বসুই উক্ত আহবানত সঁহাৰি নিদিয়াত কৃষক প্রজা পাৰ্টিৰ নেতা শেৰে বাংলা ফজলুল হকক মন্ত্রীসভা গঠনৰ কাৰণে আহবান জনায়। কৃষক প্রজা পাৰ্টিৰ সংসদীয় দলৰ নেতা ফজলুল হকে মুছলিম লীগ, কেবাটাও সংখ্যালঘু আৰু তপচিলী সম্প্রদায়ভূক্ত সদস্যক লৈ ১১ জন সদস্য বিশিষ্ট মন্ত্রীসভা গঠন কৰে। উক্ত মন্ত্রীসভাত কৃষক প্রজা পাৰ্টিৰ এ, কে, ফজলুল হক আৰু ছৈয়দ নওশেৰ আলী, মুছলিম লীগৰ খাজা নাজিমুদ্দিন, খাজা হাবিবুল্লাহ, হোসেন শহীদ সোহৰাওয়ার্দি আৰু মোশাৰফ হোসেনক মন্ত্রীত্ব প্ৰদান কৰা হৈছিল ৷

উক্ত মন্ত্রীসভা তলত দিয়া ধৰণে গঠন কৰা হৈছিল-

আবুল কাশেম ফজলুল হক- প্রধান মন্ত্রী, শিক্ষা মন্ত্রণালয়।

নলিনী ৰঞ্জন চৰকাৰ- অৰ্থ মন্ত্রণালয় ।

খাজা নাজিমুদ্দিন- স্বৰাষ্ট্ৰ মন্ত্ৰণালয় ৷

বিজয় প্ৰসাদ সিং ৰায়- ৰাজস্ব মন্ত্ৰণালয় ৷

খাজা হাবিবুল্লাহ- কৃষি আৰু শিল্প মন্ত্ৰণালয় ৷

মহাৰজা শশী চন্দ্ৰ নন্দী- যোগাযোগ আৰু শ্ৰম মন্ত্ৰণালয় ৷

হোসেন শহীদ সোহৰাওয়ৰ্দি- বাণিজ্য আৰু বিচাৰ মন্ত্ৰণালয় ৷

নবাব মোশাৰফ হোসেন খান বাহাদুৰ- আইন আৰু বিচাৰ মন্ত্ৰণালয় ৷ ছৈয়দ নওশেৰ আলী- জনস্বাস্থ্য ও স্থানীয় স্বায়ত্ব শাসন ৷

প্ৰসন্ন দেৱ ৰায়কুট- বন আৰু আবকাৰি মন্ত্ৰণালয় ৷

মুকুন্দ বিহাৰী মল্লিক- সমবায় ঋণ আৰু গ্ৰামীণ ঋণ প্রস্তুত মন্ত্রণালয় ৷

এই মন্ত্রীসভাত ৬ জন মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ বিভিন্ন ক্ষেত্ৰৰ ৫ জন ব্যক্তি আছিল। ইয়াৰে ৬ জন জমিদাৰ, ১ জন পুঁজিপতি, ৪ জন আইনজীৱী আৰু ৰাজনীতিবিদ আছিল। কিন্তু বিভিন্ন দল আৰু গোষ্ঠীৰ সংমিশ্ৰণত গঠিত মন্ত্ৰীসভাৰ আদৰ্শগত অৱস্থান ভিন্ন আছিল। মন্ত্রীসভা গঠনৰ পাছৰ পৰাই মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত প্রজাস্বত্ব ও ভূমি ৰাজস্ব ব্যৱস্থা সংস্কাৰ, প্রজাস্বত্ব অধিকাৰ, শিক্ষানীতি আৰু গ্ৰামীণ ঋণ লৈ দ্বন্দ্ব গা কৰি উঠিছিল। বিশেষকৈ কৃষক প্রজা পাৰ্টি আৰু মুছলিম লীগৰ মাজত আদৰ্শ আৰু স্বার্থগত দ্বন্দ্ব প্ৰৱল হৈ উঠিছিল। কৃষক প্রজা পার্টি আছিল অসাম্প্রদায়িকআৰু মুছলিম লীগ আছিল সাম্প্ৰদায়িক আৰু উচ্চ শিক্ষিতৰ দল।

১৯৩৭ চনত মন্ত্ৰীসভা গঠনৰ কিছুদিন পাছতেই মন্ত্ৰীসভাৰ স্থিতিশীলতা আৰু সংহতি ৰক্ষাৰ কাৰণে ফজলুল হকে মুছলিম লীগত যোগদান কৰিছিল আৰু দলৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু মুছলিম লীগৰ দলীয় সদস্য হোসেন শহীদ সোহৰাওয়ার্দি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ফলত একে সময়ত ফজলুল হক দুই দলৰ সভাপতি হোৱাৰ কাৰণে এটা সময়ত কৃষক প্রজা পার্টি নিষ্ক্রিয় হৈ পৰিছিল। সেয়ে হক মন্ত্রীসভা মূলতঃ মুছলিম লীগ মন্ত্রীসভা হৈ পৰিছিল। অৱশ্যে নানা প্রতিবন্ধকতা থকা সত্ত্বেও হক মন্ত্রীসভা বিশেষ কৃতিত্বৰ দাবী কৰিব পাৰে। হক মন্ত্রীসভা তলত উল্লেখিত কামৰ কাৰণে বিখ্যাত আছিল-

(ক) জমিদাৰি প্ৰথা- ১৯৩৮ চনৰ ৫ নৱেম্বৰত ফ্ৰান্সিচ ফ্লাউডক চেয়াৰমেন হিচাপে লৈ জমিদাৰি প্রথা উচ্ছেদ সম্পৰ্কে তদন্তৰ কাৰণে ১০ জন সদস্য বিশিষ্ট তদন্ত কমিচন নিয়োগ কৰা হৈছিল। কমিচনটো ফ্লাউড কমিচন নামে পৰিচিত আছিল । ১৯৪০ চনৰ ২১ মাৰ্চত উক্ত কমিচন জমিদাৰি প্ৰথা উচ্ছেদৰ কাৰণে চু পাৰিছসহ প্রতিবেদন দাখিল কৰে ৷ পৰৱৰ্তী কালত এই প্ৰতিবেদনৰ ভিত্তিত জমিদাৰি প্রথা উচ্ছেদ কৰা হৈছিল ৷

(খ) চাষী খাতক আইন- ১৯৩৮ চনত বংগীয় কৃষি খাতক আইনৰ আওতাত সমগ্র বাংলা প্রদেশত বহু সংখ্যক ঋণ সালিসী বোর্ডগঠিত হয়। এই বোর্ড ১৯৪৪ চন পর্যন্ত বাংলাৰ কৃষকৰ ঋণভাৰ লাঘৱৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

(গ) বংগীয় চাকৰি বিধি-দীৰ্ঘদিনলৈকে বাংলাৰ চৰকাৰী চাকৰি একচেটিয়াভাবে হিন্দু সম্প্ৰদায়ৰ দখলত আছিল। ১৯৩৮ চনত বংগীয় চাকৰি নিয়োগ বিধি প্ৰৱৰ্তন কৰি হক মন্ত্রীসভা কর্তৃক ৫০ শতাংশ পদ সম্প্রদায় ভিত্তিক বণ্টন বিধিৰ মাধ্যমত মুছলমানৰ কাৰণে নিৰ্দিষ্ট কৰা হয় ৷ এই নীতিৰ যথাৰীতি প্ৰয়োগৰ কাৰণে এজন বিশেষ কৰ্মকৰ্তা নিয়োগ কৰা হয় ৷

(ঘ) মহাজনী আইন ১৯৪০ পাচ- ১৯৪০ চনত বংগীয় মহাজনী প্রথা আইন পাচ কৰা হয় ৷ চৰকাৰ সকলো মহাজনৰ কাৰণে ট্রেড লাইচেন্স থকাটো বাধ্যতামূলক কৰে। ইয়াৰ উপৰিও সুদৰ হাৰো নিৰ্দিষ্ট কৰি দিয়া হয়। আইনৰ সীমাবদ্ধতা থকা সত্ত্বেও এই আইন কৃষকসকলৰ এক বৃহৎ অংশক ভয়াৱহ ঋণৰ বোজা আৰু মধ্যস্বত্ত্বভোগী জমিদাৰ আৰু মহাজনৰ বিভিন্ন প্ৰকাৰৰ অবৈধ কৰ আদায়ৰ পৰা মুক্তি দিয়ে ৷

ঙ)বংগীয় প্রজাস্বত্ত্ব(সংশোধন)আইন- (১৯৩৮চনতবংগীয় প্রজাস্বত্ব(সংশোধন)আইন পাচ কৰি জমিদাৰসকলে দিব লগা ভূমি হস্তান্তৰ সংক্রান্ত ফিচ, ভূমি ক্ৰয়ৰ ক্ষেত্ৰত প্ৰদান কৰা অগ্ৰাধিকাৰ চাৰ্টিফিকেট প্ৰথাৰ মাধ্যমত খাজনা আদায় আৰু কৃষকৰ পৰা বিভিন্ন ধৰণৰ অবৈধ আদায় বা আবওয়াবআদায় প্রভৃতি বাতিল কৰা হয়। কুৰি বছৰ সময় অতিক্রান্ত হোৱাৰ আগতে মাত্ৰ চাৰি বছৰৰ খাজনা পৰিশোধ কৰি কৃষকসকলে গৰা খহনীয়াগ্ৰস্ত ভূমি পুনৰুদ্ধাৰৰ সুযোগ লাভ কৰে। বকেয়া খাজনাৰ ওপৰত ধার্যকৃত খাজনাৰ হাৰ ১২.৫ শতাংশৰ পৰা হ্ৰাস কৰি ৬.২৫ শতাংশ কৰা হয়। এই আইনৰ জৰিয়তে জমিদাৰসকলৰ দ্বাৰা বিভিন্ন ধৰণৰ আৰু পৰ্যায়ৰ খাজনা বৃদ্ধি দহ বছৰৰ কাৰণে স্থগিত ৰখা হয়। অৱশ্যে এই আইন পাচৰ সময়ত বহু বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল ৷

(চ)দোকান কৰ্মচাৰী আইন পাচ- ১৯৪০ চনত দোকান কৰ্মচাৰী আইন পাচ কৰি শ্ৰমিকসকলক সপ্তাহত এদিন বন্ধ আৰু অন্যান্য সুযোগ সুবিধা প্ৰদান কৰা হয় ।

(ছ) পল্লী সংস্কাৰ আইন- পল্লী পুনর্গঠনত হক চৰকাৰ সোহাৰাওয়ার্দিৰ নেতৃত্বত ব্যাপক ভূমিকা পালন কৰে। পল্লী পুনর্গঠনৰ কাম ত্বৰান্বিত কৰা আৰু প্ৰচাৰাভিযানৰ কাৰণে জিলাই জিলাই অফিচাৰ আৰু ৬০০ জন থানা কর্মকর্তা নিয়োগ কৰা হয়। কৃষি, জলসিঞ্চন, ৰাস্তা, সেতু ইত্যাদিৰ উন্নয়নৰ সমান্তৰালভাবে প্ৰতিখন গাঁৱত একোখনকৈ প্ৰাপ্তবয়স্ক বিদ্যালয় প্রতিষ্ঠা ও মুষ্টি ভিক্ষা প্ৰদানৰ পৰিকল্পনা কৰা হয় । ইয়াৰ উপৰিও মন্ত্রীসভাই জনস্বাস্থ্য উন্নয়নতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল ।

(জ) শিক্ষা সংস্কাৰ- প্রধানমন্ত্রীত্বৰ সমান্তৰালভাবে ফজলুল হকে শিক্ষা মন্ত্রণালয় নিজৰ হাতত ৰাখি বাংলা প্ৰদেশত শিক্ষা বিস্তাৰত অবিস্মৰণীয় অৱদান ৰাখিছিল। হক মন্ত্ৰীসভাৰ আমোলত তেজগাঁও কৃষি ইনস্টিটিউট, কলিকতাত লেডী ব্রাব্রোন কলেজ, আদিনা কলেজসহ বহু স্কুল, কলেজ, মাদ্রাছা প্রতিষ্ঠিত হৈছিল। গ্রাম্য অঞ্চলত নিৰক্ষৰতা দূৰ কৰাৰ কাৰণে বয়স্কসকলৰ কাৰণে অসংখ্য বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল । তদুপৰি এই সময়ত প্ৰাথমিক শিক্ষা আইন অনুসৰি স্কুলবোৰ্ড গঠন আৰু মাধ্যমিক শিক্ষাবোর্ড গঠনৰ কাৰণে বিল অনা হৈছিল ।

(ঞ)ৰাজবন্দীসকলক মুক্তি-হক মন্ত্ৰীসভাৰ অন্যান্য কৃতিত্বৰ মাজত আছিল ৰাজবন্দীসকলক মুক্তি । ইয়াৰ ফলত সন্ত্ৰাসবাদী আন্দোলনৰ লগত জড়িত বাংলাৰ বহু বিপ্লৱী মুক্তি পায় ৷ ইয়াৰ উপৰিও নেতাজি সুভাষ চন্দ্ৰ বসুৰ সহযোগিতাত বাংলাৰ শেষ নবাব সিৰাজ-উদ-দৌলাৰ নামত কলঙ্ক লেপনকাৰী হলওয়েল মনুমেন্টঅপসাৰণ কৰা হয় ৷

হক মন্ত্ৰীসভাৰ সীমাৱদ্ধতা- ফজলুল হকৰ প্ৰথম মন্ত্ৰীসভাৰ ভালেখিনি সীমাৱদ্ধতা আছিলপ্রথমত, নির্বাচনী কাৰ্যসূচীত বিনা ক্ষতিপূৰণে জমিদাৰী প্রথা উচ্ছেদৰ প্ৰতিশ্ৰুতি দিলেও তেওঁৰ মন্ত্রীসভাত ১১ জন সদস্যৰ মাজত ৬ জনে আছিল জমিদাৰ। ফলত প্ৰতিশ্ৰুতি বাস্তৱায়ন কৰা সম্ভৱ হোৱা নাছিল ৷

দ্বিতীয়ত, মুছলিম লীগৰ লগত কোয়ালিশ্বন মন্ত্রীসভা গঠনৰ ফলত শামছুদ্দিন নেতৃত্বাধীন কৃষক প্ৰজা পাৰ্টিৰ চৰম বিৰোধিতাৰ সন্মুখীন হৈ ফজলুল হক তেওঁৰ এসময়ৰ প্ৰতিদ্বন্দ্বী মুছলিম লীগ ও সাম্প্ৰদায়িক ৰাজনীতিৰ ফালে ঢাল খাই পৰে। তেওঁৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি এই সুযোগত সোহৰাওয়ার্দি মুছলিম লীগক শক্তিালীৰূপে গঢ়ি তোলে। ইফালে কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপ বৃদ্ধি পোৱাৰ ফলত জিন্নাহৰ লগত ফজলুল হকৰ দ্বন্দ্ব গা কৰি উঠে। ফলত ২১ জন সদস্য কোয়ালিশ্বন ত্যাগ কৰে। ১৯৩৮ চনত কৃষক প্রজা পাৰ্টিৰ জনস্বাস্থ্য ও স্থানীয় স্বায়ত্বশাসন মন্ত্রী ছৈয়দ নওশেৰ আলী কোয়ালিশ্বনৰ পৰা পদত্যাগ কৰিলে লীগৰ ওপৰত ফজলুল হকৰ নিৰ্ভৰশীলতা বৃদ্ধি পায় ৷ ইফালে মন্ত্রীসভাত স্থান লাভ কৰি মুছলিম লীগ ধর্মীয় সাম্প্রদায়িকতাক পৃষ্ঠপোষকতা কৰিবলৈ আৰম্ভ কৰে ৷ কংগ্ৰেছৰ অসহযোগিতাৰ ফলত ফজলুল হক লীগৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে। ১৯৪০ চনত লাহোৰ প্ৰস্তাৱ গৃহীত হ'লে মুছলিম লীগৰ জনপ্ৰিয়তা আৰু শক্তি বৃদ্ধি পায়। এই সময়ত জিন্নাহ ক্ৰমান্বয়ে শক্তিশালী হৈ উঠে আৰু প্ৰাদেশিক ক্ষেত্ৰত হস্তক্ষেপ আৰম্ভ কৰে। ফলত প্রশাসনিক জটিলতা দেখা দিয়ে। ১৯৪০-৪১ চনত কেন্দ্ৰৰ লগত বাংলা প্ৰদেশৰ বিৰোধ গা কৰি উঠে আৰু জিন্নাহফজলুল হকক মুছলিম লীগৰ পৰা বহিষ্কাৰ কৰে। এই অৱস্থাত ১৯৪১ চনত ফজলুল হক পদত্যাগ কৰে আৰু হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ সন্মিলিত প্ৰগ্ৰেছিভ দল গঠন কৰে ৷

ফজলুল হকৰ দ্বিতীয় মন্ত্রীসভা-

১৯৪০-৪১ চনত কেন্দ্ৰীয় মুছলিম লীগৰ লগত ফজলুল হকৰ বিৰোধ গা কৰি উঠে। এই অৱস্থাত ফজলুল হক পদত্যাগ কৰে আৰু হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ সন্মিলিত প্ৰগ্ৰেছিভ পার্টি' গঠন কৰে। ১৯৪১ চনৰ ৭ ডিচেম্বৰত তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তফা দিয়ে। ফজলুল হকৰ লগত প্ৰগ্ৰেছিভ সংসদীয় দলৰ ৪২ জন, কৃষক প্রজা দলৰ ১৯ জন, ফওয়ার্ড ব্লকৰ ২৮ জন, তফশিলী জাতিৰ ১২ জন, এংলো ইণ্ডিয়ান ৩ জন, শ্ৰমিক ১ জন আৰু হিন্দু মহাসভাৰ ১৪ জন সদস্য আছিল । ৪২ জন প্রগ্রেছিভ কোয়ালিশ্বনৰ বহুতে মুছলিম লীগ আৰু কৃষক প্রজা দল আৰু অন্য দলৰ সদস্য আছিল ৷ ইয়াৰ উপৰিও কংগ্ৰেছৰ ২৫ জন সদস্য নতুন চৰকাৰক সমর্থনৰ প্ৰতিশ্ৰুতি দিছিল । ৪৩ জন সদস্য লৈ খাজা নাজিমুদ্দিন মুছলিম লীগত থাকি গৈছিল আৰু ২৫ জন ইউৰোপীয় সদস্য মুছলিম লীগৰ প্ৰতি সহানুভূতিশীল আছিল ।

ফজলুল হকৰ দ্বিতীয় মন্ত্ৰীসভাৰ সীমাৱদ্ধতা-

(ক) ফজলুল হকৰ দ্বিতীয় মন্ত্রীসভা দুটা পৰ্যায়ত ৯ জন সদস্য বিশিষ্ট মন্ত্রীসভা গঠন কৰা হৈছিল। ইয়াৰে ৫ জন মুছলমান আৰু ৪ জন হিন্দু আছিল । প্ৰথম পৰ্যায়ত ১৯৪১ চনৰ ১১ ডিচেম্বৰত ৩ জন আৰু দ্বিতীয় পৰ্যায়ত ১৮ ডিচেম্বৰত ৬ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল ।

ফজলুল হকৰ দ্বিতীয় মন্ত্রীসভা-

, কে, ফজলুল হক- মুখ্যমন্ত্ৰী, স্বৰাষ্ট্ৰ আৰু প্ৰচাৰ দপ্তৰ

শ্যামাপ্রসাদ মুখার্জী- অৰ্থদপ্তৰ ৷

খাজা হাবুিল্লাহ বাহাদুৰ- কৃষি, শিল্প দপ্তৰ ।

সন্তোষ বসু- জনস্বাস্থ্য আৰু স্থানীয় স্বায়ত্বশাসন দপ্তৰ ৷

খানবাহাদুৰ আব্দুল কৰিম- শিক্ষা আৰু বাণিজ্য দপ্তৰ ৷

প্রমথনাথ বেনাৰ্জী- ৰাজস্ব, বিচাৰ, আইন দপ্তৰ ৷

খানবাহাদুৰ মৌলভী হাশেম আলী খান- সমবায়, ঋণ আৰু গ্ৰামীণ ঋণ গ্ৰস্ততা দপ্তৰ ।

শামছুদ্দীন আহম্মদ- যোগাযোগ আৰু পূর্ত দপ্তৰ ৷

উপেন্দ্র নাথ বর্মন- বন আৰু আবগাৰি দপ্তৰ ৷

অখণ্ড ভাৰতত বিশ্বাসী হিন্দু মৌলবাদী সংগঠন নিখিল ভাৰত হিন্দু মহাসভাৰ সভাপতি শ্যামাপ্রসাদ মুখার্জীক মন্ত্রীসভাত অন্তৰ্ভূক্ত কৰা হৈছিল। মুখাৰ্জীৰ অন্তৰ্ভূক্তি ফজলুল হকৰ কাৰণে অত্যন্ত বিপজ্জনক আৰু অস্বস্তিকৰ আছিল ৷

১৯৩২ চনত ব্ৰিটিছ প্ৰধানমন্ত্রী কর্তৃক ঘোষিত সাম্প্ৰদায়িক ৰোয়েদাদৰ বিপক্ষে কৰা আন্দোলনৰ অগ্রনায়ক আছিল শ্যামাপ্রসাদ মুখার্জী। প্রথম হক মন্ত্ৰীসভাৰ আমোলত চাকৰিৰ ক্ষেত্ৰত মুছলমানসকলৰ কাৰণে কোটা নিৰ্ধাৰণ, কলিকতা পৌৰ কৰ্পোৰেশ্বন(সংশোধন) বিল আৰু মাধ্যমিক শিক্ষা বিলৰ চৰম বিৰোধিতা আৰু ১৯৩৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উপচাৰ্য থকা সময়ত শ্যামাপ্রসাদৰ ভূমিকামুছলমানসকলৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছিল । ফলত শ্যামাপ্রসাদ মুছলমানসকলৰ কাৰণে এজন কট্টৰ সাম্প্রাদয়িকতাবাদী নেতা হিচাপে চিহ্নিত আছিল । ইয়াৰ উপৰিও মন্ত্রীসভাত অন্তৰ্ভুক্তিৰ কিছুদিন আগতে ফজলুল হক নিজেও শ্যামাপ্রসাদৰ সমালোচনাত মুখৰ আছিল। ফলত মন্ত্রীসভাত শ্যামাপ্রসাদৰ অন্তৰ্ভূক্তি হকৰ বিৰুদ্ধে মুছলমানসকলক ক্ষিপ্ত কৰি তোলাৰ ক্ষেত্ৰত মুছলিম নেতাসকলৰ কাৰণে সুযোগ আনি দিছিল ।

(খ) বাংলাৰ নিচিনা এটি মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশত পাঁচ বছৰ ক্ষমতাত থকাৰ পাছত ক্ষমতাচ্যুত হোৱাটো মুছলিম লীগৰ কাৰণে উৎকণ্ঠাৰ বিষয় হৈ পৰিছিল। যাৰ বাবে তেওঁলোকে জনপ্রিয় নেতা ফজলুল হকক জন বিচ্ছিন্ন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল। এই ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ কাৰণে সোহৰাওয়ার্দি, খাজা নাজিমুদ্দিন আৰু তমিজুদ্দিন খানৰ নেতৃত্বত এটি শক্তিশালী দল প্রদেশব্যাপী গণসংযোগৰ কাৰণে ওলাই গৈছিল আৰু কেবাটাও মাহৰ ভিতৰত সাতশৰ পৰা আঠশ সভা অনুষ্ঠিত কৰিছিল। ইয়াৰ উপৰিও দৈনিক আজাদ, ষ্টাৰ অফ ইণ্ডিয়া, দি মর্নিং নিউজ ইত্যাদি কাকতত হক বিৰোধী প্ৰচাৰণা আৰম্ভ কৰিছিল। ইয়াৰ লগত লগ লাগিছিল সোহৰাওয়ার্দি কর্তৃক উদীপ্ত বাংলাৰ ছাত্ৰ আৰু তৰুণ সমাজ । ফলত মুছলিম লীগ তেওঁলোকৰ উদ্দেশ্য সাধনত সফল হৈছিল আৰু সমান্তৰালভাৱে ফজলুল হকৰ জনপ্ৰিয়তা হ্রাস পাইছিল ।

(গ) মুছলিম লীগৰ লগত প্ৰতিযোগিতা কৰিবলৈ ফজলুল হকক তেওঁৰ ব্যক্তিগত জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। ফলত যি কৃষক প্রজা দলে তেওঁক ক্ষমতালৈ আনিছিল, সেই দলকেই অৱহেলা কৰিবলৈ লৈছিল। ফলত কৃষক প্রজা দলৰ প্ৰভাৱ নিন্মমুখী হৈ পৰিছিল। যোগ্য তথা জনপ্রিয় নেতা হোৱা সত্ত্বেও একমাত্র সাংগঠনিক ক্ষমতাৰ কাৰণে কৃষক প্রজা দলক শক্তিশালী নকৰি মুছলমানসকলৰ সমৰ্থন আদায়ৰ কাৰণে প্ৰগ্ৰেছিভ মুছলিম লীগ নামে এটি সাম্প্রদায়িক দল গঢ়ি তুলিছিল। কিন্তু বঙালীসকলৰ একাংশ লোক মুছলিম লীগৰ প্ৰতি আস্থাশীল হোৱাৰ কাৰণে তেওঁ পুনৰ মুছলিম লীগত যোগদান কৰিছিল। এনেকৈ ঘনে ঘনে দল পৰিৱৰ্তন কৰাৰ কাৰণে তেওঁৰ ৰাজনৈতিক পতন ত্বৰান্বিত কৰিছিল ৷

(ঙ) প্রথম গঠিত মন্ত্রীসভাত যিবোৰ কাৰ্যসূচী লোৱা হৈছিল সেইবোৰ কাৰ্যকৰী কৰা হোৱা নাছিল । ইফালে কৃষি সংস্কাৰ কাৰ্যসূচী বাস্তৱায়নত নতুন মন্ত্ৰীসভাৰ বিশেষ আগ্রহ নাছিল। ফলত কৃষক প্রজা দল আৰু চৰকাৰ মুছলিম মধ্যবিত্তৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হৈছিল ।

(চ) ১৯৪২ চনৰ আক্টোবৰ মাহত সংঘটিত প্ৰলংয়কাৰী ধুমুহা, জলোচ্ছবাসৰ ফলত খাদ্য সংকট গা কৰি উঠিছিল ৷ বাৰ্মা শত্ৰুৰ কবলত পৰাৰ ফলত চাউল সৰবৰাহৰ উৎস বন্ধ হৈ গৈছিল । তদুপৰি কলিকতাৰ ওপৰত জাপানীসকলে বোমা বৰ্ষণৰ ফলত সংকট অধিক ঘণীভূত হৈ উঠিছিল ৷ চৰকাৰ মূল্য নিয়ন্ত্রণ কার্যসূচী গ্ৰহণ কৰাৰ ফলত ক'লা বজাৰী প্ৰকট হৈ উঠিছিল ৷ প্ৰদেশৰ ৰাজনীতিৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছিল আৰু মন্ত্ৰীসভা অজনপ্ৰিয় হৈ উঠিছিল। এই পৰিস্থিতিত ১৯৪২ চনৰ ১২ নভেম্বৰত শ্যামাপ্রসাদ মুখাৰ্জী মন্ত্ৰীসভাৰ পৰা ইস্তফা দিয়াত মন্ত্ৰীসভাৰ ভিত্তি অধিক দুৰ্বল হৈ পৰিছিল ।

(ছ) হক মন্ত্রীসভা বাংলাৰ গভর্নৰৰ পৰা আৰম্ভ কৰি মহকুমা অফিছাৰলৈকে সৰ্বস্তৰৰ আমোলাৰ প্রতিকূল মনোভাৱৰ চিকাৰ হৈ পৰিছিল। এনেকুৱা এক পৰ্যায়ত ফজলুল হক ভাইচৰয়ৰ ওচৰতগভর্নৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ আনে। ফলত গভর্নৰৰ লগত ফজলুল হকৰ বিৰোধ প্ৰকট হৈ উঠে। ইয়াৰ উপৰিও ব্ৰিটিছ চৰকাৰ মুছলিম, তপচিলী জাতি আৰু তপচিলী উপজাতিৰ শিক্ষাৰ উন্নতিৰ কাৰণে বছৰি ৫ লাখ টকা বৰাদ্দ কৰিছিল। বংগত তেতিয়া তপচিলী জাতিৰ সংখ্যা আছিল ৪০ টা আৰু তপচিলী জনজাতিৰ সংখ্যা আছিল ৩৯ টা। ১৯৩৭চনৰ পৰা ১৯৪৩ চনলৈকে হক মন্ত্রীসভাই উচ্চশিক্ষাৰ কাৰণে এটকাও খৰচ কৰা নাছিল। তেতিয়া তপচিলী নেতা যোগেন্দ্ৰ নাথ মণ্ডলে তপচিলী জাতি আৰু তপচিলী জনজাতিৰ বিধায়ক তথা কিছু কিছু কংগ্ৰেছ বিধায়কক এই কাৰ্যৰ বিষয়ে কৈ বুজাই-বঢ়াই ১৯ জন বিধায়কক নিজৰ পক্ষলৈ আনি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে শ্যামা-হক মন্ত্রিসভাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে যে, ফজলুল হক মন্ত্রিসভাই মুছলিম, তপচিলী জাতি, তপচিলী জনজাতিৰ শিক্ষাৰ উন্নতিৰ কাৰণে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাইতেতিয়া ব্ৰিটিছ চৰকাৰে তদন্ত কৰি এই অভিযোগৰ সত্যতা নিৰ্দ্ধাৰণ কৰি ১৯৪৩ চনৰ ২৮ মাৰ্চত শ্যামা-হক মন্ত্রীসভা ভাঙি দি পুনৰ চৰকাৰ গঠন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ফজলুল হকক অসাংবিধানিকভাৱে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয়৷ কাৰণ তেতিয়ালৈকে আইন সভাৰ অধিকাংশ সদস্যৰ ফজলুল হকৰ প্ৰতি সমর্থন আছিল৷

                 নাজিমুদ্দিন মন্ত্ৰী সভা-

বাংলাত তেতিয়া দুটাই প্রধান দল আছিল। এ, কে, ফজলুল হক নেতৃত্বাধীন কৃষক প্রজা দল আৰু নাজিমুদ্দিন ও অন্যান্য মুছলিম নেতৃবৰ্গৰ নেতৃত্বাধীন মুছলিম লীগ। ফজলুল হকৰ লগত আছিল হিন্দু মহাসভাৰ শ্যামাপ্রসাদ মুখার্জী। তেতিয়া যোগেন্দ্ৰ নাথ মণ্ডলে ১৯ গৰাকী নিৰ্দলীয় বিধায়কক লৈ প্রথমে এ, কে, ফজলুল হক আৰু শ্যামাপ্রসাদৰ লগত আলোচনাত মিলিত হৈছিল। শ্যামাপ্রসাদ মুখার্জীয়ে প্রথমে যোগেন্দ্র নাথ মণ্ডলক নেতা নির্বাচন কৰিবলৈ আহবান জনায়। তেতিয়া যেগেন্দ্র নাথ মণ্ডলে জনালে যে, আগতে নেতা নির্বাচন নহয় আমাৰ তিনিটা চৰ্ত আছে । আমাৰ তিনিটা চৰ্ত যিদলে পূৰণ কৰিবলৈ সন্মত হ', আমি তেওঁলোকক মন্ত্রীসভা গঠনত সমৰ্থন কৰিম । আমাৰ দাবী তিনিটা হ'ল- (১) মন্ত্রিসভাত তপচিলী জাতিৰ তিনিজন মন্ত্ৰী আৰু তিনিজন পৰিষদীয় সচিব নিয়োগ কৰিব লাগিব ৷ ২) ছাত্ৰসকলৰ কাৰণে বার্ষিক ৫ লক্ষকৈ টকা পৌনঃপুনিক অনুদান মঞ্জুৰ কৰিব লাগিব। (৩) সম্প্ৰদায়ৰ ভিত্তিত তপচিলী ছাত্ৰসকলক চাকৰি দিব লাগিব । এ, কে, ফজলুল হক প্ৰস্তাৱটো মানি লোৱাৰ পক্ষত আছিল ৷ তেতিয়া শ্যামাপ্রসাদে ক'লে যে, লক আমি বেলেগ এটা ৰোমলৈ গৈ আলোচনা কৰি সিদ্ধান্ত লমহি। বেলেগ ৰোমলৈ শ্যামাপ্রসাদে ক'লে যে, তপচিলীসকলৰ চাহিদা অপৰিসীম এতিয়া তিনিটা দাবী মানি লৈ মন্ত্ৰীসভা গঠন কৰিলে, আকৌ দাবী উত্থাপন কৰিব। গতিকে এওঁলোকৰ দাবী মানি লৈ মন্ত্রীসভা গঠন কৰাৰ প্ৰয়োজন নাই। দেখা যক কি হয়! শ্যামাপ্রসাদৰ কাৰণে এইদৰে আলোচনা বিফল হ'ল।

যোগেন্দ্ৰনাথ মণ্ডল ইয়াৰ পাছত খাজা নাজিমুদ্দিন, হোসেন শহীদ সোহৰাওয়ার্দিৰ লগত আলোচনাত মিলিত হ'ল ৷ খাজা নাজিমুদ্দিনে যোগেন্দ্রনাথ মণ্ডলৰ দাবী মানি ল'লে আৰু খাজা নাজিমুদ্দিনে ১৯৪৩ চনৰ ২৩ এপ্ৰিলত ১৩ জন সদস্য বিশিষ্ট মন্ত্রীসভা গঠন কৰিলেউক্ত মন্ত্রীসভাত ৩ জন বৰ্ণ হিন্দু আৰু ৩ জন তপচিলী জাতিৰ সমন্বয়ত ৬ গৰাকী হিন্দু সদস্য অন্তৰ্ভূক্ত কৰা হৈছিল। যোগেন্দ্ৰনাথ মণ্ডলকসমবায়, ঋণ আৰু পল্লী দৰিদ্ৰ মন্ত্ৰণালয়ৰ দায়িত্ব অর্পণ কৰা হৈছিল। উক্ত মন্ত্ৰীসভাত বঙ্গীয় কংগ্ৰেছৰ কোনো সদস্যক অন্তর্ভূক্ত কৰা হোৱা নাছিল ৷ ইফালে ফজলুল হক মন্ত্রীসভাৰ পদত্যাগৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ মুছলিম সদস্যসকল কংগ্ৰেছ ত্যাগ কৰি মুছলিম লীগত যোগদান কৰিছিল। ফলত মুছলিম লীগৰ সংসদীয় সদস্য সংখ্যা ৪০ জনৰ পৰা ৭৯ জনলৈ বৃদ্ধি হয়। ইয়াৰ উপৰিও নাজিমুদ্দিনৰ প্ৰতি ইউৰোপীয় গ্ৰুপ, তপচিলী হিন্দুসকলৰ একাংশ, এংলো ইণ্ডিয়ান আৰু অন্যান্য কিছু দলৰ সদস্যৰ সমৰ্থন আছিল। ইফালে গভর্নৰৰো সমৰ্থন আছিল নাজিমুদ্দিনৰ প্ৰতি। ফলত ফজলুল হকতকৈ খাজা নাজিমুদ্দিনে অধিক সুযোগ-সুবিধা পাইছিল।

কিন্তু নাজিমুদ্দিন মন্ত্রীসভাৰ দুৰ্ভাগ্য যে, প্ৰদেশৰ প্ৰশাসনিক বিষয়ে চিন্তা-চৰ্চা কৰাৰ আগতেই বাংলাত ভয়াৱহ দুর্ভিক্ষ আৰম্ভ হৈছিল । বাংলা ১৩৫০ চনত দুৰ্ভিক্ষ আৰম্ভ হৈছিল কাৰণে ই পঞ্চাছৰ মন্বন্তৰ' নামে বিশেষভাবে পৰিচিত। খাদ্যশস্যৰ ঘাটতি প্রকৃত পক্ষে কংগ্ৰেছৰ শাসন কালতে আৰম্ভ হৈছিল। লীগ চৰকাৰ গঠনৰ পাছত পৰিস্থিতি অধিক অৱনতি হয় ৷ তদানীন্তন বাংলাৰ চৰকাৰ কর্তৃক উডহেড কমিশনগঠন কৰি দিয়া হৈছিল। উক্ত কমিটিয়ে যি প্রতিবেদন প্রকাশ কৰিছিল, তাত দুৰ্ভিক্ষৰ কাৰণ হিচাপে ভাৰত চৰকাৰ, হক মন্ত্রীসভা আৰু মুছলিম লীগ মন্ত্রীসভা আটায়ে আংশিকভাবে দায়ী আছিল বুলি উল্লেখ কৰা হৈছিল ।

             নাজিমুদ্দিন মন্ত্ৰীসভাৰ পতনৰ কাৰণ

প্ৰথম কাৰণ- দুৰ্ভিক্ষ মোকাবিলাত নাজিমুদ্দিন চৰকাৰ ব্যৰ্থতাৰ পৰিচয় দিয়ে। বাংলাত ৰেচনি পদ্ধতি প্রৱৰ্তনত বিলম্ব হোৱাৰ কাৰণে দুৰ্ভিক্ষ মোকাবিলাত চৰকাৰ ব্যৰ্থ হোৱা বুলি দুৰ্ভিক্ষ তদন্ত কমিটিয়ে চিহ্নিত কৰে। এনেকি ৰিলিফ বিতৰণৰ সময়ত সাম্প্রদায়িক হিচাপে বিতৰণ কৰা হৈছিল বুলি চৰকাৰ সমালোচিত হয়। হিন্দু মালিকাধীন সংবাদপত্ৰবোৰে ইয়াৰ কাৰণ হিচাপে অসামৰিক যোগানমন্ত্রী সোহৰাওয়ার্দিক জগৰীয়া কৰে৷

দ্বিতীয় কাৰণ-নাজিমুদ্দিন ব্যক্তিগতভাবে সৎ হ'লেও তেওঁৰ মন্ত্ৰীসভাত বহুতেই দুৰ্নীতিগ্ৰস্ত আছিল ৷ নাজিমুদ্দিনে তেওঁৰ মন্ত্ৰীসভাত তেওঁৰ ভ্ৰাতৃ খাজা চাহাবুদ্দিনক অন্তৰ্ভূক্ত কৰাৰ কাৰণে তেওঁ নিজৰ দলৰ ভিতৰতে সমালোচিত হয়। স্বজনপ্রীতিৰ কাৰণে এই চৰকাৰ অজনপ্ৰিয় হৈ উঠে। দুৰ্ভিক্ষৰ সময়ত খাজা চাহাবুদ্দিনসহ মন্ত্ৰীসকলৰ স্ত্ৰীসকল পৰ্যন্ত ঠিকাদাৰ হৈ পৰিছিল। ফলত মন্ত্ৰী আৰু তেওঁলোকৰ পৰিজন অবৈধ সম্পত্তিৰ মালিক হৈ উঠে। ইয়াৰ ফলত নাজিমুদ্দিন মন্ত্রীসভাই নৈতিক ভিত্তি হেৰাই পেলায় ৷

তৃতীয় কাৰণ- ১৯৪৩ চনৰ মাৰ্চ মাহৰ পৰা হিন্দু সম্প্রদায় নাজিমুদ্দিক সমৰ্থন কৰিবলৈ ল'লেও চৰকাৰৰ বৈষম্য নীতি, মুছলমানসকলৰ প্ৰতি অত্যধিক পৃষ্ঠপোষকতা আৰু বাংলাত পাকিস্তান আন্দোলন বিস্তৃতি লাভ কৰাত হিন্দুসকল মুছলমানসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে।

চতুৰ্থ কাৰণ- দলীয় অৰিয়াঅৰিও মন্ত্রীসভা পতনৰ বাবে দায়ী আছিল। ১৯৪৪ চনৰ পৰা সোহৰাওয়ার্দিৰ লগত নাজিমুদ্দিনৰ ব্যৱধান বাঢ়িবলৈ আৰম্ভ কৰে। দুৰ্ভিক্ষৰ সময়ত সোহৰাওয়ার্দিয়ে খোলা লঙ্গৰখানাই সফলভাবে বুভুক্ষু লোকসকলক খাদ্যবস্তু বিতৰণ কৰাৰ কাৰণে সোহৰাওয়ার্দি খাজা নাজিমুদ্দিনতকৈ অধিক জনপ্ৰিয় হৈ উঠে। এনেকুৱা এটি পর্যায়ত নিখিল পাকিস্তান মুছলিমলীগৰ সভাপতি মহম্মদ আলী জিন্নাহ নাজিমুদ্দিনৰ পক্ষ ল'লে সোহৰাওয়ার্দি মহম্মদ আলী জিন্নাহৰ প্রতি অসন্তুষ্ট হয়। ফলত মুছলিম লীগ দুই ভাগত বিভক্ত হৈ পৰে ৷ গভর্নৰ, ইউৰোপীয় গ্ৰুপৰ সদস্যসকলৰ নাজিমুদ্দিনৰ প্ৰতি সমৰ্থন আছিল। ফলত মুছলিম লীগ নাজিমপন্থী আৰু সোহৰাওয়ার্দিপন্থী দুই ভাগত বিভক্ত হৈ পৰে। এনেকুৱা পৰিস্থিতিত ১৯৪৫ চনৰ ২৮ মাৰ্চত বাজেট বৰাদ্দৰ সময়ত ভোটা-ভুটি হ'লে চৰকাৰৰ সমৰ্থসকল বিৰোধী শিৱিৰত যোগদান কৰে আৰু ১০৬-৯৭ ভোটৰ ব্যৱধানত নাজিমুদ্দিন মন্ত্রীসভা পতন হয় ৷

             সোহৰাওয়ার্দি মন্ত্রীসভা

নাজিমুদ্দিন মন্ত্রীসভা পতনৰ এক বছৰৰ ভিতৰত ১৯৪৬ চনৰ মাৰ্চ মাহত বাংলাসহ সমগ্ৰ ভাৰতৰ সকলো প্ৰদেশত প্রাদেশিক পৰিষদৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। ব্ৰিটিছ শাসনাধীনত সাধাৰণ নিৰ্বাচন হিচাপে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এই নির্বাচন আছিল অতি গুৰপত্বপূর্ণ। সোহৰাওয়ার্দি আৰু আবুল হাশিমৰ নেতৃত্বত মুছলিম লীগ বাংলাৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হয়। নিৰ্বাচনত ২৫০ গৰাকী সদস্য বিশিষ্ট বংগীয় আইনসভাত প্রাদেশিক মুছলিম লীগে ১২২ খন মুছলিম আসনৰ ভিতৰত ১১৪ খন আসনত জয়লাভ কৰে । বাকী আসন কেইখনৰ মাজত কৃষক প্ৰজা দল ৪ খন আৰু স্বতন্ত্র প্রার্থীয়ে ৩ খন আসন লাভ কৰে । মুছলিম লীগে মুঠ আসনৰ ৯৩ শতাংশ লাভ কৰিছিল। মুঠ প্রদত্ত ভোট আছিল ২৪,৩৪,১০০ টা । ইয়াৰে মুছলিম লীগে লাভ কৰিছিল ২০,৩৬,৭৭৫ টানিৰ্বাচনৰ পাছতে সোহৰাওয়াদি সৰ্বসন্মতিক্রমে লীগ পার্লামেণ্টৰি দলৰ নেতা নির্বাচিত হয় । ২ এপ্ৰিলত বাংলাৰ নতুন গভর্নমেণ্ট ফ্ৰেডাৰিক বাৰোজে সোহৰাওয়ার্দিক মন্ত্ৰী সভা গঠনৰ কাৰণে আহবান জনায়। এই ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আছিল নেতিবাচক। কংগ্ৰেছ হাইকামাণ্ডৰ ওচৰত এজন বাঙালীয়ে কৈছিল- ১৯৪৩ চনত বাংলাৰ প্ৰায় ৪০ লাখ লোকৰ মৃত্যুৰ বাবে দায়ী লোকজনক পুনৰ বাংলাৰ প্ৰধানমন্ত্ৰী হিচাপে দেখিবলৈ পোৱাটো খুবেই দুর্ভাগ্যজনক।

নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত সোহৰাওয়ার্দিয়ে এককভাবে মন্ত্রীসভা গঠন কৰাটো কোনো সমস্যা নাছিল যদিও বাস্তৱ প্ৰেক্ষাপটৰ ভিত্তিত কংগ্ৰেছৰ লগত কোয়ালিশন চৰকাৰ গঠনৰ কাৰণে উদ্যোগ গ্ৰহণ কৰে ৷ কাৰণ প্ৰায় এক দহকব্যাপী হিন্দুসকলে বংগীয় প্রাদেশিক পৰিষদত অংশগ্ৰহণ কৰিব পৰা নাই কাৰণে হিন্দুসকলৰ মাজত অসন্তোষ গা কৰি উঠিছিল। কিন্তু সোহৰাওয়ার্দিৰ এই উদ্যোগৰ প্ৰতি লীগৰ খাজা গ্ৰুপৰ সমৰ্থন নাছিল। এনেকি কংগ্ৰেছৰ পালামেণ্টৰি দলৰ নেতা কিৰণ শংকৰ ৰায়ৰ লগত দীৰ্ঘ আলোচনাৰ পাছতো সোহৰাওয়ার্দিৰ এই উদ্যোগ ব্যৰ্থ হৈছিল। কাৰণ হিচাপে ধাৰণা কৰা হয় যে, সৰ্বভাৰতীয় পৰ্যায়ত ৰাজনৈতিক সমাধানৰ আগতে প্রাদেশিক ক্ষেত্ৰত বাংলাৰ উভয় সম্প্রদায় কোনো ধৰণৰ ৰাজনৈতিক বুজা-পৰাত উপনীত হোৱাটো হয়তো কংগ্ৰেছে বিচৰা নাছিল ৷

অৱশেষত সোহৰাওয়ার্দিয়ে ১৯৪৬ চনৰ ২৪ এপ্ৰিলত ৭ গৰাকী দলীয় সদস্য আৰু ১ গৰাকী তপচিলী হিন্দু যোগেন্দ্রনাথ মণ্ডল সহ মুঠ ৮ গৰাকী সদস্য বিশিষ্ট মন্ত্রীসভা গঠন কৰে । নভেম্বৰ মাহত মন্ত্রীসভা সম্প্ৰাৰণ কৰি ১৩ গৰাকীলৈ উন্নীত কৰা হয়। এয়াই আছিল বংগত প্রথম একমাত্ৰ মুছলিম লীগ মন্ত্রীসভা। তলত দিয়া ধৰণে মন্ত্ৰীসভাৰ দপ্তৰবোৰ বিতৰণ কৰা হৈছিল-

হোসেন সোহৰাওয়ার্দি- মুখ্যমন্ত্ৰী আৰু স্বৰাষ্ট্ৰ মন্ত্ৰণালয় ৷আহমদ হোসাইন- কৃষি মন্ত্ৰণালয়৷

খানবাহাদুৰ আব্দুল গোফৰান- বেসামৰিক সৰবৰাহ মন্ত্ৰণালয়

খান বাহাদুৰ মোহাম্মদ আলী- অর্থ, জনস্বাস্থ্য আৰু স্থানীয় চৰকাৰ মন্ত্ৰণালয় ৷ খানবাহাদুৰ মোয়াজ্জেম হোসাইন- শিক্ষা, ৰাজস্ব মন্ত্ৰণালয় ৷

খানবাহাদুৰ এ, এফ, এম, আব্দুৰ ৰহমান- সমবায় আৰু সেচ মন্ত্ৰণালয় ৷

শামচুদ্দিন আহম্মদ- বাণিজ্য, শ্ৰম আৰু শিল্প মন্ত্ৰণালয় ৷

যোগেন্দ্রনাথ মণ্ডল- বিচাৰ, পূৰ্ব আৰু গৃহ নিৰ্মাণ মন্ত্ৰণালয় ৷

তাৰকনাথ মুখার্জী (বর্ণ হিন্দু)- অর্থ মন্ত্রণালয় ৷

নগেন্দ্ৰনাথ ৰায় -

দ্বাৰকনাথ বাড়ৈ (তফশিলী)-

ফজলুৰ ৰহমান- ৰাজস্ব মন্ত্ৰণালয় ।

এই মন্ত্রীসভাত চাৰিগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু চাৰিগৰাকী খানবাহাদুৰ খেতাবধাৰী মন্ত্ৰী অন্তৰ্ভুক্ত হ'লেও মূলতঃ এই মন্ত্রীসভা মধ্যবিত্তৰ স্বাৰ্থৰে প্ৰতিনিধিত্ব কৰিছিল ৷ মন্ত্রীসভাত খাজা গ্ৰুপৰ কোনো সদস্য নাছিল। কিন্তু মন্ত্রীসভাত কংগ্ৰেছৰ অন্তৰ্ভুক্তি একেবাৰে অনিশ্চিত হৈ পৰিছিল, তেতিয়া সম্প্ৰসাৰিত মন্ত্রীসভাত খাজা গ্ৰুপৰ প্রভাবশালী সদস্য তথা চীফ হুইপ ফজলুৰ ৰহমানক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ আনগৰাকী সদস্য নুৰুল আমীনক কৰা হৈছিল স্পিকাৰ । ১৩ গৰাকী পার্লামেণ্টৰি চেক্ৰেটাৰীৰ মাজত ৫ গৰাকীক এই খাজা গ্ৰুপৰ পৰা লোৱা হৈছিল ৷ মন্ত্ৰীসভাৰ আৰু এটি দিক আছিল মন্ত্রীসভাত ইমানদিন হিন্দু সদস্য লোৱা হ'লেও সোহৰাওয়ার্দি মন্ত্রীসভাত সর্বপ্রথম তপচিলী সম্প্ৰদায়ৰ সদস্য অন্তর্ভুক্ত কৰা হৈছিল ৷

সোহৰাওয়ার্দি মন্ত্ৰীসভাৰ সীমাৱদ্ধতা- খাজা নাজিমুদ্দিন সমর্থকসকলৰ মালিকাধীন তিনিখন কাকত দৈনিক আজাদ, ষ্টাৰ ইণ্ডিয়া আৰু দি মর্নিং নিউজ সময় বিশেষে প্রকাশ্যে প্ৰথমৰ পৰাই সোহৰাওয়ার্দি মন্ত্ৰীসভাৰ বিৰুদ্ধাচৰণ কৰি আহিছিল। মন্ত্ৰীসভাৰ সমৰ্থনত একমাত্র আবুল হাশিম সাপ্তাহিক পত্রিকা মিল্লাত’-এ প্ৰচাৰৰ কাম কৰিছিল যদিও সেয়া পর্যাপ্ত নাছিল।

বিনা বিচাৰত আটক কৰি ৰখা ৰাজবন্দীসকলক মুক্তিদান, বিশেষকৈ চট্টগ্রাম অস্ত্ৰাগাৰ লুণ্ঠন মামলা আচামীৰ যিসকলে দীর্ঘদিন আন্দামান দ্বীপপুঞ্জত কাৰাদণ্ড ভোগ কৰি আছিল তেওঁলোকক মুক্তিদানৰ বাহিৰে সোহৰাওয়ার্দি মন্ত্রীসভাই বিশেষ উল্লেখযোগ্য কাম কৰিবলৈ ব্যৰ্থ হৈছিল। নিৰ্বাচনৰ আগত পূর্ববাংলাৰ মুছলমান জনগণক আশ্বাস দিয়া হৈছিল যে, মুছলমানসকলৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নতি হ'ব আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্ৰিটিছ শাসন ও হিন্দু আধিপত্যৰ পৰা মুক্তি পাব, কিন্তু পূর্ববাংলাৰ মুছলমানসকলৰ সেই প্রত্যাশা খুব সামান্যই পূৰণ হৈছিল। পূর্ববাংলাৰ মুছলমানসকলৰ প্ৰত্যাশা পূৰণত ব্যৰ্থ হোৱাৰ কাৰণ আছিল দুটা- (ক) মুছলিম লীগৰ হাইকমাণ্ডৰ তদাৰকি ক্ষমতা আৰু (খ) লাহোৰ প্ৰস্তাৱৰ সংশোধন ও পৰিৱৰ্তন ।

১৫ মাহ ক্ষমতাত অধিষ্ঠিত থাকিও সোহৰাওয়ার্দি মন্ত্রীসভাই উল্লেখযোগ্য কোনো আইনগত বিধান ৰচনা কৰিবলৈ সক্ষম হোৱা নাছিল। এই সময়ত বাংলাৰ বিস্তৃত অঞ্চলত তেভাগাআন্দোলন নামেএক শক্তিশালী কৃষক আন্দোলন গা কৰি উঠিছিল। এই পৰিপ্ৰেক্ষিতত মন্ত্রীসভা কর্তৃক বংগীয় আইন সভাত বেঙ্গল বর্গাদাৰ(প্রভিশনাল) কট্রোল বিল' নামে এটি বিল উপস্থাপন কৰা হ'লে লীগৰ জোতদাৰ সদস্যসকলৰ বিৰোধিতাৰ কাৰণে সেয়া ব্যৰ্থ হৈছিল। বাংলাৰ কৃষকৰ অসন্তোষৰ মূলতে আছিল জামিদাৰী প্রথা। ফজলুল হকৰ প্ৰথম মন্ত্ৰীসভাৰ কাৰ্যকালত গঠিত ফ্লাউড কমিচনৰ চুপাৰিছ অনুসৰি জমিদাৰী প্রথা বিলুপ্ত কৰাৰ বিষয়টো ১৯৪৭ চনৰ এপ্ৰিল মাহত আইন সভাত উত্থাপন কৰা হ'লেও বিদ্যমান ৰাজনৈতিক পৰিস্থিতিৰ কাৰণে সেয়া আইনত পৰিণত কৰা সম্ভৱ হোৱা নাছিল৷

প্রকৃতপক্ষে সোহৰাওয়ার্দি মন্ত্ৰীসভাৰ কাৰ্যকাল ভাৰত আৰু বাংলাৰ ইতিহাসত খুবেই ঘটনা বহুল আছিল। ভাৰতৰ পৰা ব্ৰিটিছ উপনিৱেশিক শাসনৰ অৱসান, দেশ বিভাগ ও পাকিস্তান সৃষ্টিক কেন্দ্র কৰি এই অধ্যায়ৰ ৰাজনীতি আৱৰ্তিত হৈছিল। বিশেষকৈ ১৯৪৬ চনৰ আগষ্ট মাহত ভয়াৱহ কলিকতা দাঙ্গা সংঘটিত হৈছিল। সেই দাঙ্গাত প্রায় ৫ হাজাৰ লোক নিহত হৈছিল। নিহত সকলৰ বেছিভাগে মুছলমান আছিল বুলি জয়া চেটাৰ্জি মন্তব্য কৰিছে। ইয়াৰ ফলত সোহৰাওয়ার্দি মন্ত্ৰীসভাৰ ভাৱমূৰ্তি বিনষ্ট হৈছিল। দেশ বিভাগৰ প্ৰাকমুহূৰ্তত সোহৰাওয়ার্দি শৰত চন্দ্ৰ বসুৰ লগত লগলাগি স্বাধীন অখণ্ড বাংলা' ৰাষ্ট্ৰ গঠনৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছিল। কিন্তু তেওঁলোকৰ সেই প্রচেষ্টা ব্যৰ্থ হৈছিল ৷

১৯৩৭-৪৭ চন পর্যন্ত চাৰিখন মন্ত্রীসভা ক্ষমতাসীন হ'লেও একমাত্র ফজলুল হক মন্ত্রীসভাই কেবাটাও গুৰুত্বপূৰ্ণ আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছিল। ফজলুল হকৰ কৃষক প্রজা দলৰ মাধ্যমত বাংলাত যি অসাম্প্ৰদায়িক ৰাজনীতিৰ সূচনা কৰা হৈছিল মুছলিম লীগৰ লগত কোয়ালিশ্বনৰ ফলত সেয়া বাধাগ্রস্ত হৈছিল। সোহৰাওয়ার্দি-শৰত বসু যদিও অখণ্ড বাংলা গঠনৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছিল, পলমকৈ সিদ্ধান্ত লোৱাৰ কাৰণে সেয়া ব্যৰ্থ হৈছিল।

           অখণ্ড বাংলা গঠনৰ প্ৰভাৱ-

ভাৰতীয় উপমহাদেশৰ বিভক্তিকৰণ যেতিয়া প্রায় চূড়ান্ত এনেকুৱা এক সময়ত হোসেন শহীদ সোহৰাওয়ার্দি ১৯৪৭ চনৰ ২৭ এপ্ৰিলত দিল্লীত অনুষ্ঠিত এক সাংবাদিক সন্মিলনত আনুষ্ঠানিকভাবে স্বাধীন সার্বভৌম অখণ্ড বাংলা প্ৰতিষ্ঠাৰ কাৰণে উদ্যোগ গ্ৰহণৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ ভিত্তিত মে মাহত সুভাষ চন্দ্ৰ বসুৰ জ্যেষ্ঠ ভ্রাতা কংগ্ৰছৰ সভাপতি শৰৎ চন্দ্ৰ বসুৰ লগত ঐক্যমতত উপস্থিত হৈ এটি চুক্তি স্বাক্ষৰ কৰা হৈছিল। চুক্তিটো বসু-সোহৰাওয়ার্দি চুক্তি নামে পৰিচিত। এই উদ্যোগৰ লগত সংশ্লিষ্ট আছিল মুছলিম লীগৰ সম্পাদক আবুল হাশিম, বংগীয় প্রাদেশিক কংগ্ৰেছৰ সংসদীয় নেতা কিৰণ শংকৰ ৰায় প্ৰভৃতি নেতৃবৃন্দ ।

যুক্ত বাংলা ৰাষ্ট্ৰৰ ধাৰণা গঢ়ি উঠাৰ কি কাৰণ আছিল এই সম্পৰ্কে পণ্ডিত আৰু গৱেষকসকলে ভিন্‌ ভিন্‌ মত ব্যক্ত কৰিছে

(১) বাংলা বিভক্তি প্ৰতিৰোধৰ প্ৰচেষ্টা- অধিকাংশ পণ্ডিতে ধাৰণা কৰে যে, এয়া বাংলা বিভক্তি ৰোধ কৰাৰ উদ্দেশ্যে তৎকালীন বাংলাৰ প্ৰধানমন্ত্ৰী সোহৰাওয়ার্দিৰ এটি বিকল্প প্ৰস্তাৱ আছিল ৷ কংগ্ৰেছ, হিন্দু মহাসভাসহ অবাঙালী হিন্দু নেতাসকলৰ এক বৃহৎ অংশ বাংলা বিভাজনৰ পক্ষত আছিল । এই হিন্দু নেতাসকলেই হিন্দু সম্প্রদায়ক লৈ ১৯০৫ চনৰ বাংলা বিভাজনৰ পক্ষে আন্দোলন কৰি বঙ্গ বিভাজন ৰোধ কৰিছিল। তেওঁলোকেই আকৌ স্বাধীনতাৰ প্ৰাকমুহূৰ্তত বাংলা বিভাজনৰ কাৰণে দাবীজনাইছিল। পক্ষান্তৰে যিসকল মুছলিম নেতাই ১৯০৫ চনত বাংলা বিভাজন হোৱাত আনন্দ প্রকাশ কৰিছিল, সেইসকলেই আকৌ ১৯৪৭ চনত বাংলা বিভাজনৰ বিৰুদ্ধাচৰণ কৰিছিল। ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত অন্তৱৰ্তীকালীন চৰকাৰত কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত মতবিৰোধৰ ফলত তীব্র অসন্তোষ গা কৰি উঠিছিল। তেতিয়া কংগ্ৰেছ নেতা জৱাহৰলাল নেহৰু ও চৰ্দাৰ পেটেল ভাৰত, বাংলা আৰু পাঞ্জাব বিভাজনৰ কাৰণে দাবী উত্থাপন কৰিছিল। কিন্তু মুছলিম নেতাসকলে বাংলা বিভাজনৰ বিপক্ষে অৱস্থান গ্ৰহণ কৰিছিল। ১৯৪৭ চনৰ প্ৰথমৰ পৰা কংগ্ৰেছ আৰু হিন্দু মহাসভাৰ বাংলা বিভাজনৰ প্ৰচেষ্টা প্ৰৱল হৈ উঠিলে বাংলাৰ মুছলিম লীগৰ শীৰ্ষস্থানীয় নেতা সোহৰাওয়ার্দি আৰু আবুল হাশিমে বাংলা প্রদেশক এখন স্বাধীন সার্বভৌম ৰাষ্ট্ৰত পৰিণত কৰাৰ কাৰণে প্ৰস্তাৱ দিয়ে ৷ এওঁলোকৰ প্ৰস্তাৱত আছিল বাংলা পাকিস্তান বা হিন্দুস্থান কোনো এখন ৰাষ্ট্ৰতে যোগদান নকৰে । বাংলা হ'ব স্বাধীন সার্বভৌম ৰাষ্ট্ৰ। প্ৰথমে বাংলাৰ অধিকাংশ মুছলমান নেতাই এই প্ৰস্তাৱৰ পক্ষত আছিল। সোহৰাওয়ার্দিয়ে কৈছিল- বাংলাদেশ বাঙালীসকলৰ আৰু এয়া অবিভাজ্য৷

(২) হিন্দু-মুছলমান ঐক্যৰ প্ৰয়াস- বঙালী হিন্দুসকল ভাৰতীয় জাতীয়তা ও অখণ্ড ভাৰতৰ আদৰ্শত বিশ্বাসী হ'লেও তেওঁলোকে বাংলাৰ জাতীয় স্বাতন্ত্রতা অক্ষুণ্ণ ৰখাৰ কাৰণে সচেষ্ট আছিল। বঙ্গভঙ্গ আৰু বঙ্গভঙ্গ ৰোধৰ ক্ষেত্ৰত হিন্দু-মুছলমানৰ সম্পৰ্কত ফাট মেলিলেও বাঙালী জাতীয়তাবাদৰ স্বাৰ্থত আকৌ তেওঁলোকৰ মাজত সৌহৃদ্য সৃষ্টি হৈছিল । বাংলাৰ হিন্দু আৰু মুছলমান নেতাসকল সন্মিলিতভাবে সৌহৃদ্য মজবুত কৰাৰ কাৰণে চেষ্টা চলাইছিল। ১৯২৩ চনত স্বৰাজ দলৰ নেতা চিত্তৰঞ্জন দাশে বঙালী মুছলমানৰ নেতা এ, কে, ফজলুল হক আৰু সোহৰাওয়ার্দিৰ লগত হিন্দু-মুছলমান ঐক্যৰ স্বার্থত বেঙ্গল পেক্টস্বাক্ষৰ কৰিছিল। তেওঁলোকে বঙালী ঐতিহ্য, সংস্কৃতি, বাংলা ভাষাভিত্তিক জাতীয় সত্ত্বা গঠনৰ কাৰণে প্ৰয়াস কৰিছিল। কিন্তু ১৯২৫ চনৰ ১৬ জুনত চিত্তৰঞ্জন দাশৰ মৃত্যুৰ ফলত এই প্রচেষ্টা আংশিকভাবে ব্যাহত হৈছিল আৰু ১৯৩৭ চনত বাংলাৰ প্ৰাদেশিক চৰকাৰক কেন্দ্ৰ কৰি দুই সম্প্ৰদায়ৰ মাজত মতানৈক্য গা কৰি উঠিছিল। ১৯৪০ ৰ দহকত এই সম্পৰ্কৰ সংকট দূৰ কৰাৰ কাৰণে উভয় সম্প্ৰদায়ৰ কেইজনমান নেতা সচেষ্ট হৈ উঠিছিল। শক্তিশালী কেন্দ্ৰীয় শাসনৰ প্ৰভাৱত বাংলাৰ স্বাতন্ত্রতা ও স্বায়ত্বশাসন ইচ্যুত মতদ্বৈততা হ্ৰাস পাবলৈ ধৰিছিল। কিন্তু ১৯৪০ চনৰ লাহোৰ প্ৰস্তাৱৰ পাছত মুছলমানসকলে ধৰ্মৰ ভিত্তিত ভাৰত বিভাগ আৰু হিন্দুসকলে পাঞ্জাৱ ও বাংলা বিভাগৰ দাবী উত্থাপন কৰিছিল। অৱশ্যে মুছলিম লীগৰ কেন্দ্ৰীয় নেতৃত্বৰ স্বাৰ্থপৰতাৰ কাৰণে বাংলাৰ মুছলমানসকলে বাংলাক সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ কাৰণে চিন্তা কৰিছিল। বাঙালী হিন্দুৰ কোনো কোনো নেতাই এই বিষয়ত সহমত পোষণ কৰিছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰ আৰু কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ বাংলা বিভাগ প্ৰচেষ্টাৰ বিপৰীতে তেওঁলোকে যুক্ত বাংলাৰ দাবীত উদ্যোগ গ্ৰহণ কৰিছিল। কংগ্ৰেছৰ বাঙালী নেতৃবৃন্দৰ মাজত শৰৎ চন্দ্ৰ বসু, কিৰণ শংকৰ ৰায় আৰু মুছলিম লীগৰ নেতাসকলৰ মাজত সোহৰাওয়ার্দি ও আবুল হাশিম আছিল এই সম্প্ৰীতিৰ উদ্যোক্তা।

(৩) ঐতিহাসিক কাৰণ- লক্ষ্য কৰিলে দেখা যায় যে, ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ পৰা বাংলাৰ এক স্বতন্ত্র সত্ত্বা সুদীৰ্ঘ কালৰ পৰা বিৰাজমান আছিল ৷ অষ্টম শতিকত পাল বংশ প্রতিষ্ঠা হোৱাৰ পৰা প্ৰায় ৫০০ বছৰ কাল বাংলা আছিল ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা নিয়ন্ত্রণ মুক্ত স্বাধীন স্বতন্ত্র ভূখণ্ড । স্বাধীনসত্ত্বা হিচাপে বাংলা দুশ বছৰ (১৩৪২-১৫৩৮ চন) পর্যন্ত টিকি আছিল। বাংলাৰ স্বাধীন চুলতান আৰু শাসকসকলৰ আমোলত বঙালী জাতীয়তাবাদৰ ভিত্তি প্ৰতিষ্ঠিত হৈছিল আৰু হিন্দু-মুছলমানৰ মাজত ৰাজনৈতিক, ভৌগোলিক ঐক্য আৰু ভাষিক ও কৃষ্টিগত বৈশিষ্ট্যৰ যোগেদি বঙালী জাতীয় জীৱনৰ স্বতন্ত্ৰ অৱস্থান গঢ় লৈ উঠিছিল। মোগল আৰু ব্ৰিটিছ শাসন আমোলত বঙালীৰ জাতীয়তাৰ এই অগ্ৰগতি নানা কাৰণত ব্যাহত হয় আৰু হিন্দু-মুছলমানৰ মাজত ক্ৰমশঃ দূৰত্ব বৃদ্ধি পাবলৈ ধৰে। অৱশ্যে ব্ৰিটিছ শাসন কালত বিভিন্ন সময়ত হিন্দু-মুছলমান ঐক্যৰ কাৰণে প্ৰয়াস কৰা হৈছিল ৷ ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক শাসন অৱসানৰ প্ৰাকমুহূৰ্তত বাংলাক ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা নিয়ন্ত্রণমুক্ত কৰি স্বাধীন ও সার্বভৌম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰা হৈছিল ৷

(৪) বাঙালী মুছলমান বনাম অবাঙালী মুছলমান দ্বন্দ্ব- ১৯৪০ চনৰ পাছত অবঙালী মুছলিম লীগ নেতৃত্ব আৰু বঙালী মুছলিম নেতৃত্বৰ মাজত ভিন্ন জাতিসত্ত্বাৰ দৃষ্টিভঙ্গী লক্ষণীয়। এ, কে, ফজলুল হকৰ লগত কেন্দ্ৰীয় নেতাসকলৰ দ্বন্দ্বৰ কাৰণ আছিল বঙালী মুছলমানৰ প্ৰতি অবঙালী মুছলমানৰ অৱহেলা। বহু বিষয় আৰু ঘটনা প্রত্যক্ষ কৰি ফজলুল হক, আবুল হাশিম আৰু সোহৰাওয়ার্দিৰ দৰে নেতাসকলৰ মনত এই ধাৰণা উদ্ভৱ হৈছিল যে, জিন্নাহৰ প্ৰস্তাৱিত পাকিস্তান বাংলাৰ জনগণৰ কাৰণে কল্যাণকৰ নহ'ব। ফজলুল হক প্ৰথমৰ পৰাই জিন্নাহৰ দ্বিজাতি তত্ত্ব আৰু লাহোৰ প্ৰস্তাৱক পাকিস্তান প্ৰস্তাৱ হিচাপে গণ্য কৰাৰ বিপক্ষে আছিল। পাকিস্তান আন্দোলনৰ লগত তেওঁলোক জড়িত আছিল যদিও বাংলাৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভঙ্গী বেলেগ আছিল৷

  যুক্ত বাংলা প্ৰস্তাৱৰ প্ৰাক্কালত

                       ভাৰত আৰু বাংলাৰ দলীয় নীতি-

 দ্বিতীয় বিশ্বযুদ্ধৰ ফলত দ্ৰুত পৰিৱৰ্তনশীল পৰিস্থিতিৰ প্ৰেক্ষাপটত ব্ৰিটিছ কর্তৃপক্ষ অনুধাৱন কৰিবলৈ সক্ষম হৈছিল যে, দুদিন আগত বা পাছত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিবই লাগিব। ব্ৰিটিছ চৰকাৰৰ এই মনোভাৱৰ সময়তে ভাৰতবৰ্ষৰ মানুহৰ মনত স্বাধীনতাৰ আকাংক্ষা প্ৰৱল হৈ উঠাত স্বাধীনতা আন্দোলন অধিক তীব্ৰতৰ হৈ উঠিছিল। ব্ৰিটিছ প্ৰধান মন্ত্রী এটলী ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত হাউছ অফ কমন্স'ত ঘোষণা কৰিছিল যে, ১৯৪৮ চনৰ জুন মাহৰ ভিতৰতে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা হ'ব। এই ঘোষণাৰ পাছত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদানৰ কথা প্ৰায় স্পষ্ট হৈ উঠিছিল। তেওঁ তেওঁৰ ঘোষণাত স্পষ্টভাবে জনাই দিছিল যে, ব্ৰিটেইন ১৯৪৮ চনৰ জুন মাহৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা শাসন ব্যৱস্থা উঠাই নিবলৈ আগ্রহী। এই সময়ৰ ভিতৰত প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত বুজাপৰা নহ'লে প্ৰাদেশিক চৰকাৰৰ হাতত ক্ষমতা হস্তান্তৰ কৰাৰো ইঙ্গিত আছিল। ইয়াৰ মাজতে ভাৰত আৰু পাকিস্তান সৃষ্টিৰ ইঙ্গিত প্ৰচ্ছন্নভাবে ফুটি উঠিছিল । সুযোগ বুজি কালবিলম্ব নকৰি ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ নেতৃত্বত কট্টৰপন্থী হিন্দু মহাসভাই কলিকতাক কেন্দ্ৰ কৰি অবিভক্ত বাংলাৰ হিন্দু প্রধান অঞ্চলসমূহক লৈ পশ্চিম বাংলা প্রদেশ গঠনৰ দাবী উত্থাপন কৰে আৰু সেয়া ভাৰত ইউনিয়নৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আন্দোলন আৰম্ভ কৰে। এটলীৰ ফেব্ৰু য়াৰীৰ ঘোষণাৰ তিন সপ্তাহৰ ভিতৰত অখণ্ড ভাৰত আৰু ভাৰতীয় জাতীয়তাবাদৰ ইমান দিনৰ প্ৰৱক্তা কংগ্ৰেছ দলৰ ওয়ার্কিং কমিটি সম্প্ৰদায়ৰ ভিত্তিত পাঞ্জাৱ আৰু বাংলাক বিভক্তকৰণৰ চুপাৰিছ সম্বলিত প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বাংলা বিভাজন আন্দোলনৰ সমৰ্থনত কলিকতাৰ বাঙালী, অবাঙালী, শিল্প আৰু বণিক সমিতিসমূহ স্বতঃস্ফূর্তভাবে আগুৱাই আহে ৷ সমান্তৰালভাবে হিন্দুত্ববাদী পত্র-পত্রিকাসমূহ যেনে- অমৃত বাজাৰ পত্রিকা, আনন্দ বাজাৰ পত্ৰিকা, হিন্দুস্থান স্টাণ্ডার্ড প্রভৃতি পত্রিকাসমূহে বাংলা বিভাজনৰ ক্ষেত্ৰত ব্যাপকভাবে হিন্দু জনমত গঢ়ি তুলিবলৈ সহায়তা কৰে। স্মৰণীয় যে, উপৰোল্লিখিত আটাইবিলাক উৎস ১৯০৫ চনৰ বঙ্গভঙ্গ আন্দোলনৰ সময়ত ব্যাপক প্ৰতিৰোধ গঢ়ি তুলিছিল। মাত্ৰ কেইটামান দহকৰ পাছতে সেয়া ভিন্ন ধৰণে উত্থাপন কৰা হৈছিল ৷

ৰাজনীতিৰ এনেকুৱা পৰিস্থিতিত সোহৰাওয়ার্দিৰ লগত আবুল হাশিম স্বাধীন অখণ্ড বাংলা প্ৰতিষ্ঠাৰ প্ৰস্তাৱ লৈ আগবাঢ়ি আহিছিল। সোহৰাওয়ার্দি আনুষ্ঠানিকভাবে এই প্ৰস্তাৱ উত্থাপনৰ আগতে তেওঁৰ বিভিন্ন ভাষণত বাংলা বিভক্তিৰ পাছত সক্ৰিয় হিন্দু মন-মানসিকতা ও দৃষ্টিভঙ্গী, এই দাবীৰ অপ্রাসঙ্গিকতা, বাংলা বিভাজন কৰাৰ পৰিণতি, বাংলা ঐক্যৱদ্ধ থকাৰ অপৰিহাৰ্যতা, স্বাধীন অখণ্ড ৰাষ্ট্ৰত হিন্দু-মুছলমান সম্পৰ্ক আৰু ইয়াৰ ভৱিষ্যত প্রভৃতি বিষয় দাঙি ধৰিছিল। এই লক্ষ্যক সন্মুখত ৰাখি মুছলিম লীগৰ সম্পাদক আবুল হাশিমে শৰৎ বসুৰ লগত ১৯৪৭ চনৰ জানুয়াৰি মাহৰ পৰা কেবাটাও বৈঠক অনুষ্ঠিত কৰিছিল। ১৯৪৭ চনৰ ২৭ এপ্ৰিলত সোহৰাওয়ার্দিৰ ভাষণ অধিকাংশ দৈনিক পত্রিকাত প্ৰকাশিত হৈছিল। সোহৰাওয়ার্দি কৈছিল যে, ‘বাংলা দ্বিধাবিভক্ত কৰাৰ কাৰণে মহল বিশেষৰ পৰা আন্দোলনৰ সূত্ৰপাত হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হ', হিন্দুসকলৰ এটা শ্ৰেণীয়ে ধাৰণা কৰিছে, বঙ্গীয় মন্ত্রীসভাত তেওঁলোকক যথোপযুক্ত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰা হৈছে।' বাংলা বিভাগৰ দাবী তেওঁলোকৰ একাংশৰ তীব্ৰ হতাশাৰ পৰা উদ্ভূত বুলি উল্লেখ কৰি সোহৰাওয়ার্দিয়ে কৈছিল-এনেকি হিন্দুৰ স্বাৰ্থ ৰক্ষাৰ দৃষ্টিকোণৰ পৰা বঙ্গ বিভাজন আত্মহত্যাৰ লেখীয়া কথা হ'ব। স্বাধীন বাংলা হ'ব ভাৰতৰ ভিতৰত আটাইতকৈ ধনাঢ্য ও সমৃদ্ধিশালী দেশ'ত জনগণ উন্নত জীৱনযাত্ৰা প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু এটি মহান জাতি হিচাপে উন্নতিৰ সোপানত উপনীত হ'বলৈ সক্ষম হ'ব। প্ৰকৃতাৰ্থত বাংলা অর্থ-প্রাচুর্যে ভৰা এটি দেশ হ'ব আৰু স্বাধীন হোৱাৰ পাছত বঙালী জাতিয়ে হ'ব বাংলাৰ ভৱিষ্যতৰ ভাগ্য নিয়ন্তা।' সোহৰাওয়ার্দি আৰু কৈছিল-অখণ্ড বাংলা কৃষি, শিল্প ও বাণিজ্যত হ'ব সমৃদ্ধিশালী আৰু কালৰ আৱৰ্তত পৃথিবীৰ অন্যতম শ্রেষ্ঠ শক্তিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰৰূপে স্বীয় মৰ্যদাত প্রতিষ্ঠিত হ'ব এই দেশ। বাংলা যদি ঐক্যৱদ্ধ থাকে, তেনেহ'লে সেয়া স্বপ্ন বা কল্পনা নহ'ব।

সোহৰাওয়ার্দি এক পৰ্যায়ত কৈছিল- মই সদায় বাংলাক ভৱিষ্যত এটি স্বাধীন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰি আহিছো, কোনো ধৰণৰ ভাৰতীয় ৰাষ্ট্ৰসংঘৰ অংশ হিচাপে নহয়। অনুৰূপ কোনো এখন ৰাষ্ট্ৰ এবাৰ সংস্থাপিত হলে, তাৰ ভৱিষ্যত নিৰ্ভৰ কৰে তাৰ জনগণৰ ওপৰত।...বাংলা যদি মহান হব বিচাৰে, তেনেহ'লে সেয়া মাথোন নিজৰ ভৰিত থিয় দিয়েই হ'ব পাৰিব। বাংলাক নিজেই নিজৰ সম্পদৰ অধিকাৰী আৰু ভাগ্য নিয়ন্তা হ'ব লাগিব । বাংলাৰ ওপৰত বেলেগৰ শোষণ বন্ধ হ'ব লাগিব । ভাৰতৰ স্বাৰ্থৰ বলিকাঠত বাংলাক বলি দিয়া নহ'ব। হিন্দু সমাজৰ যি মুষ্ঠিমেয় মানুহে তৰলভাবে বাংলাক ভাগ কৰাৰ কথা কয়, তেওঁলোকৰ ওচৰত আমাৰ আবেদন, অশেষ ক্ষতি ও দুর্ভোগৰ ধাত্ৰী এই আন্দোলন প্রত্যাহাৰ কৰক। আমি আটায়ে একাত্ম হৈ উদ্যোগী হ'লে নিশ্চয়ই এদিন এটি ভৱিষ্যত শাসন প্রকল্প উদ্ভাৱন কৰিবলৈ সক্ষম হমহি ।

সোহৰাওয়ার্দিৰ যোগ্য সহযোগী আবুল হাশিমে ২৯ এপ্রিলত এক বিবৃতিত এই পৰিকল্পনাৰ স্বপক্ষে বলিষ্ঠ যুক্ত দাঙি ধৰি বাংলা বিভাজন আন্দোলনত সহায়তাৰ কাৰণে বিদেশী পুঁজি আৰু ভাৰতীয় অংশীদাৰসকলক দায়ী কৰিছিল। তেওঁ হিন্দুসকলক স্মৰণ কৰাই দিছিল যে, তেওঁলোক বাংলাৰ জনসংখ্যাৰ আধা আৰু হিন্দু ও মুছলমানৰ কোনো এক সম্প্ৰদায়ৰ পক্ষে অপৰ পক্ষক পদানত কৰি ৰখা সম্ভৱ নহয়। তেওঁ মন্তব্য কৰিছিল যে, উদ্ভূত সংকট নিৰসনৰ পন্থা হৈছে গভীৰ দেশপ্ৰেমৰ আদৰ্শৰে উদ্বুদ্ধ হৈ বাংলাক ঐক্যৱদ্ধ ও স্বাধীন কৰা, বিভক্ত কৰা নহয় ৷

                বসু-সোহৰাওয়ার্দি চুক্তি

শৰৎ চন্দ্ৰ বসুৰ কলিকতাৰ ১ নম্বৰ উডবার্ন পাৰ্কৰ বাসভৱনত ১৯৪৭ চনৰ ২০ মে তাৰিখে মুছলিম লীগ আৰু কংগ্ৰেছ নেতাসকলৰ এখনি সন্মিলন আহবান কৰা হৈছিল। য'ত মুছলিম লীগৰ হোসেন সোহৰাওয়ার্দি, ফজলুৰ ৰহমান, মোহাম্মদ আলী, আবুল হাশিম ও এ, এম, মালিক আৰু অপৰপক্ষত হিন্দু নেতাসকলৰ মাজত শৰৎ চন্দ্ৰ বসু, কিৰণ শংকৰ ৰায়, ও সত্যৰঞ্জন বখশী উপস্থিত আছিল । কিন্তু খাজা নাজিমুদ্দিন গ্ৰুপৰ সদস্য যেনে, নুৰুল আমীন, ইউছুফ আলী চৌধুৰী সভাত উপস্থিত নাছিল ৷ সভাত আলোচনাৰ শেষত স্বাধীন বৃহত্তৰ বাংলা চুক্তি স্বাক্ষৰিত হৈছিল। উক্ত প্ৰস্তাৱিত চুক্তিত মুছলিম লীগৰ পক্ষে আবুল হাশিম আৰু কংগ্ৰেছৰ পক্ষে শৰৎ বসুই স্বাক্ষৰ কৰিছিল। চুক্তিৰ মূল বিষয় আছিল নিন্মৰূপ-

(১) বাংলা হব এখন স্বাধীন ৰাষ্ট্ৰ। ভাৰতৰ বাকী অংশৰ লগত এই ৰাষ্ট্ৰৰ কি সম্পৰ্ক হ', সেয়া ৰাষ্ট্ৰই নিজেই নিৰ্দ্ধাৰণ কৰিব ।

(২) হিন্দু আৰু মুছলমানৰ সংখ্যা অনুপাতে আসন সংখ্যা বণ্টন কৰি প্ৰাপ্ত বয়স্কসকলৰ ভোটাধিকাৰৰ ভিত্তিত আইন সভা নিৰ্বাচনৰ ব্যৱস্থা থাকিব। হিন্দু আৰু তফচিলী হিন্দুসকলৰ মাজৰ পৰা জনসংখ্যা অনুপাতে অথবা উভয়ৰ সন্মতিক্রমে নিৰ্দ্ধাৰিত পদ্ধতিত আসন বণ্টন কৰা হ'ব। কোনো প্রার্থী যদি নিৰ্বাচনত তেওঁৰ নিজ সম্প্ৰদায়ৰ প্ৰদত্ত ভোটৰ সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে আৰু অন্য সম্প্ৰদায়ৰ প্রদত্ত ভোটৰ ২৫ শতাংশ ভোট লাভ কৰে তেনেহ'লে তেওঁক নির্বাচিত বুলি গণ্য কৰা হ'ব। যদি কোনো প্ৰাৰ্থী এই চৰ্ত পূৰণত ব্যর্থ হয় তেনেহ'লে যিজন নিজ সম্প্ৰদায়ৰ বেছিভাগ ভোট লাভ কৰিব তেওঁকে নির্বাচিত বুলি গণ্য কৰা হ'ব।

(৩) স্বাধীন বাংলাৰ এনেকুৱা পৰিকল্পনা ব্ৰিটিছ চৰকাৰে মানি ল'লে অথবা বাংলা বিভক্ত নহ'ব এনেকুৱা ঘোষণা দিলে বাংলাৰ বৰ্তমান মন্ত্রীসভা ভংগ কৰি দিয়া হ'ব আৰু চীফ মিনিষ্টাৰৰ পদৰ বাহিৰে সমসংখ্যক মুছলমান আৰু হিন্দু(তফচিলী হিন্দুসহ) সদস্য লৈ এখন নতুন মন্ত্রীসভা গঠন কৰা হ'ব। এই মন্ত্রীসভাত চীফ মিনিষ্টাৰ হ'ব এজন মুছলমান আৰু স্বৰাষ্ট্রমন্ত্ৰী হ'ব এজন হিন্দু।

(৪) নতুন সংবিধান অনুসৰি আইন সভা আৰু মন্ত্ৰীসভা গঠন নোহোৱালৈকে হিন্দু(তপচিলী সম্প্ৰদায়সহ) আৰু মুছলমান উভয় সম্প্ৰদায়ৰ সামৰিক বাহিনী ও আৰক্ষী বাহিনীৰ চাকৰিত সমান অংশগ্রহণ থাকিব। এইবোৰ চাকৰিত মাথোন বাঙালীসকলকে নিয়োগ কৰা হ'ব।

(৫) ইউৰোপীয় সম্প্রদায়ক বাদ দিয়ে বঙ্গীয় মন্ত্রীসভাত ৩০ জন সদস্য নির্বাচিত হব। মুছলমান আৰু অমুছলমান সদস্য সংখ্যা হ'ব যথাক্রমে ১৬ জন মুছলমান আৰু ১৫ জন হিন্দু।

পাছত প্ৰায় আটাইবোৰ পত্র-পত্রিকাতে উপৰোক্ত প্ৰস্তাৱবোৰ প্ৰকাশিত হৈছিল। বঙ্গীয় মুছলিম লীগৰ বহুতেই সন্দেহ প্ৰকাশ কৰিছিল যে, প্ৰস্তাৱবোৰ ৰচনাৰ আগত শৰৎ বসু আৰু সোহৰাওয়ার্দি লগত কেবালানি আলোচনা হৈছিল। প্ৰস্তাৱবোৰ প্ৰকাশিত হোৱাৰ পাছত দৈনিক আজাদ পত্রিকাই মন্তব্য কৰিছিল যে, শৰৎ বসু যেহেতু অখণ্ড বাংলা নিবিচাৰে সেই কাৰণে আন্দোলনৰ পৰা আঁতৰি যোৱাৰ কাৰণেই প্ৰস্তাৱবোৰ ৰচনা কৰিছে, যাতে মুছলিম লীগে এইবোৰ মানি নলয় । শুনা যায়, শৰৎ বসুই বৈঠকত প্ৰস্তাৱবোৰ সন্মুখত আনি কৈছিল, লীগ যদি এইবোৰ মানি লয়, তেনেহলে তেওঁ অখণ্ড বাংলা ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত জঁপিয়াই পৰিব পাৰে ।

 

       বসু-সোহৰাওয়ার্দিপ্ৰভাৱৰ প্ৰতিক্ৰিয়া-

(১) মুছলিম লীগৰ প্ৰতিক্ৰিয়া- বসু-সোহৰাওয়ার্দি প্ৰস্তাৱ অখণ্ড বাংলা লৈ মুছলিম লীগৰ মাজত মিশ্র প্রতিক্রিয়া আছিল। সোহৰাওয়ার্দি আৰু আবুল হাশিমৰ পৰিকল্পনা মুছলিম লীগৰ অবঙালী নেতৃবৃন্দ আৰু বংগীয় মুছলিম লীগৰ সভাপতি মাওলানা আক্ৰম খান, খাজা নাজিমুদ্দিন, নুৰুল আমীনে প্ৰথমৰ পৰাই সতর্কতাৰ সৈতে অৱলোকন কৰিছিল। ৩০ এপ্ৰিলত মওলানা আক্ৰম খানৰ সভাপতিত্বত অনুষ্ঠিত বঙ্গীয় মুছলিম লীগৰ সভাত স্পিকাৰ নুৰুল আমীনক আহবায়ক হিচাপে লৈ এই সন্দৰ্ভত এটি কমিটি গঠন কৰা হয়। প্রথমে এই সকল নেতা স্বাধীন বৃহত্তৰ বাংলাৰ পক্ষত আছিল। যুক্ত বাংলা ঘোষণাৰ কিছুদিন আগতে ১৯ এপ্রিলত মওলানা আক্ৰম খানে কৈছিল- মুছলিম অৱশ্যেই বাংলা ভঙ্গ বিৰোধী। বংগ বঙ্গ হ'ব পাৰে মাথোন বাংলাৰ মুছলমানসকলৰ মৃতদেহৰ ওপৰেদি । খাজা নাজিমুদ্দিনে ১৯৪৭ চনৰ ২৪ এপ্ৰিলত এটি বিবৃতিত কৈছিল- মোৰ সুচিন্তিত অভিমত এই যে, বাংলাৰ জনসাধাৰণ হিন্দু অথবা মুছলমান সকলোৰে পক্ষেই স্বাধীন সার্বভৌম বাংলাদেশ একান্ত প্ৰয়োজনীয় আৰু মই এই কথাও নিশ্চয়তাৰ সৈতে ক'ব বিচাৰোঁ যে, বঙ্গ বিভাগ বঙালীৰ স্বাৰ্থৰ পক্ষে মাৰাত্মক। কিন্তু পত্ৰ- পত্রিকাত অখণ্ড বাংলাৰ পক্ষে লেখা-লেখি হোৱাৰ পাছত মুছলিম লীগ দ্বিধাবিভক্ত হৈ পৰে। ৫ মে তাৰিখে আকম খানে কয়, পাকিস্তানৰ অন্যান্য এলাকাৰ পৰা বিচ্ছিন্নভাবে এখন স্বতন্ত্র স্বাধীন বাংলা ৰাষ্ট্ৰ গঠনৰ প্ৰশ্নই নুঠে। খাজা নাজিমুদ্দিন বৃহত্তৰ অবিভক্ত বাংলাক পাকিস্তানৰ লগত অন্তৰ্ভুক্তিৰ পক্ষত আছিল । খাজা নাজিমুদ্দিনে প্রকাশ্যে এই চুক্তিৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ চুক্তিটোক ভাৰতৰ ওচৰত আত্মসমৰ্পণ বুলি অভিহিত কৰিছিল। ২৮ মেত বঙ্গীয় প্রাদেশিক মুছলিম লীগ চূড়ান্তভাবে এটি ঘোষণাত উল্লেখ কৰে যে, সোহৰাওয়ার্দি-শৰৎ বসু প্ৰভাৱৰ লগত মুছলিম লীগৰ কোনো সম্পর্ক নাই। তেওঁলোকে প্রকাশ্যে মন্তব্য কৰে যে, সোহৰাওয়ার্দি তথাকথিত উদাৰ হিন্দুসকলৰ লগত মিলি বাংলাৰ মুছলমানসকলৰ স্বাৰ্থ জলাঞ্জলি দি পাকিস্তানৰ পৰিৱৰ্তে অখণ্ড সার্বভৌম বাংলা প্ৰতিষ্ঠাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। এইদৰে মুছলিম লীগৰ আভ্যন্তৰীন কাজিয়াই প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰে। প্রকৃতপক্ষে আকৰম খান আৰু নাজিমুদ্দিনে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণেই তেতিয়া সোহরাওয়ার্দিৰ বিৰোধিতা কৰি অখণ্ড বাংলা পৰিকল্পনাৰ পৰা আঁতৰি যায় ৷ ১৬ মেত দিল্লীত মহম্মদ আলী জিন্নাহৰ লগত অনুষ্ঠিত এটি বৈঠকৰ পাছত আক্ৰম খানে সাংবাদিকসকলক জনায় যে, অখণ্ড বাংলা মুছলিম লীগে সমৰ্থন নকৰে ৷

অৱশ্যে মহম্মদ আলী জিন্নাহৰ ভূমিকা সিমান স্পষ্ট নাছিল ৷ কাৰণ তেওঁৰ অনুগত হাসান ইস্পাহানিয়ে কৈছে, সোহৰাওয়ার্দি জিন্নাহৰ সমৰ্থন পোৱা নাছিল । জিন্নাহই সোহৰাওয়ার্দিক অখণ্ড বাংলা পৰিকল্পনাৰ পৰা বিৰত থাকিবলৈ কৈছিল। কাৰণ, নহ'লে মুছলমানসকল ক্ষতিগ্ৰস্ত হ'ব। আন এগৰাকী নেতা হোসেন ইমামে কৈছে, মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ সন্মতি পালে জিন্নাহই এই ক্ষেত্ৰত মত দিব বুলি সোহৰাওয়ার্দিক জনাইছিল। বঙ্গীয় লীগৰ নেতা মওলানা ৰাগীব আহসানে কৈছে, জিন্নাহই সোহৰাওয়ার্দিক সমৰ্থন কৰিছিল। সোহৰাওয়ার্দিয়ে তেওঁৰ স্মৃতিচাৰণত কৈছিল-জিন্নাহৰ মত লৈয়ে মই এই পদক্ষেপ গ্রহণ কৰিছো।' বসু-সোহৰাওয়ার্দি চুক্তিৰ ক্ষেত্ৰত প্রকাশ্যে কোনো বিবৃতি প্রকাশ নকৰিলেও জিন্নাহ সম্ভৱতঃ তেওঁলোকৰ যুক্ত নির্বাচন পদ্ধতি সমৰ্থন কৰা নাছিল । কাৰণ এয়া আছিল মুছলিম লীগৰ দ্বিজাতি তত্ত্বৰ পৰিপন্থী। বহুতে ধাৰণা কৰে, সোহৰাওয়ার্দি আৰু জিন্নাহৰ সম্পৰ্ক সিমান মধুৰ নাছিল । তেওঁলোকে পৰস্পৰক সিমান বিশ্বাস কৰা নাছিল। অবঙালী পৰিষদৰ সদস্যসকলেও বাঙালীসকলৰ ক্ষেত্ৰত উচ্চ ধাৰণা পোষণ নকৰিছিল। যাৰ কাৰণে সোহৰাওয়ার্দি, ফজলুল হক, আবুল হাশিমৰ দৰে নেতাও তেওঁলোকৰ ওচৰত সিমান গ্রহণযোগ্য হোৱা নাছিল। যাৰ কাৰণে বসু- সোহৰাওয়ার্দি ফর্মুলাৰ দৰে এটি বাস্তৱ ভিত্তিক পৰিকল্পনাক তেওঁলোকে নিৰুৎসাহিত কৰিছিল ৷

(২) ফজলুল হকৰ ভূমিকা- লাহোৰ প্ৰস্তাৱৰ উপস্থাপক এ, কে, ফজলুল হক অখণ্ড বাংলা ইচ্যুত মৌন ভূমিকা পালন কৰিছিল, যদিও তেওঁ প্ৰথমতে বংগ বিভক্তিৰ পক্ষে বিবৃতি প্রকাশ কৰিছিল ৷ অৱশ্যে অখণ্ড বংগৰ আলোচনাৰ সময়ত তেওঁ পক্ষে বা বিপক্ষে কোনো মন্তব্য কৰা নাছিল। এই সময়ত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত হতাশাগ্রস্ত আছিল। ১৯৩৭-৪১ চনত মুখ্যমন্ত্রী থাকিলেও এই সময়ত তেওঁ লীগৰ ওয়ার্কি কমিটিৰ এজন সদস্য আছিল মাত্র। কৃষক প্রজা দলৰ অস্তিত্বও তেতিয়া নাছিল ৷ ১৯৪৭ চনৰ ফেব্রুয়াৰি মাহত অনুষ্ঠিত মুছলীম লীগৰ নিৰ্বাচনত আবুল হাশিমৰ বিৰুদ্ধে সভাপতি প্ৰাৰ্থী হ'লেও তেওঁ সোহৰাওয়ার্দিৰ বিৰোধিতাৰ কাৰণে সভাপতি হ'ব পৰা নাছিল । কাৰণ জিন্নাহই তেওঁক অত্যন্ত সন্দেহৰ চকুত দেখিছিল। সেয়ে এই সময়ত তেওঁ নীৰৱ ভূমিকা গ্ৰহণ কৰিছিল ।

(৩) হিন্দুসকলৰ প্রতিক্রিয়া- অধিকাংশ হিন্দু বাংলা বিভক্তিৰ পক্ষে আছিল । অমৃত বাজাৰ পত্ৰিকাৰ জৰিপ অনুসৰি ৯৮.৩ শতাংশ হিন্দু বাংলা বিভাজনৰ পক্ষত আছিল৷ মাথোন ০.৬ শতাংশহে বিপক্ষে আছিল। অৱশ্যে এই হিচাপ সঠিক নাছিল। কাৰণ পূর্ববাংলাৰ তপচিলী সম্প্রদায় বাংলা বিভাজনৰ বিপক্ষে আছিল । বঙ্গভঙ্গৰ কাৰণে কংগ্ৰেছ ও হিন্দু মহাসভাৰ মিলিত সংগ্রাম পশ্চিম বংগৰ হিন্দুসকলক প্ৰভাৱিত কৰিছিল। হিন্দু মহাসভাই ধাৰণা কৰিছিল, ভাৰত হ'ব ৰাম ৰাজত্ব। ১৯৪৭ চনৰ ২২ ফেব্রুয়াৰিত বাংলাৰ হিন্দু মহাসভা প্রধান ড০ শ্যামাপ্রসাদ মুখার্জী বাংলাৰ গভর্নৰ ফ্ৰেডাৰিক বাৰোজৰ লগত সাক্ষাৎ কৰি বাংলা বিভাজনৰ কাৰণে দাবী উত্থাপন কৰিছিল। তেওঁ ২ মে'ত ভাইচৰয়ক দিয়া পত্ৰত একে দাবী জনাইছিল।

(৪) কংগ্ৰেছৰ প্ৰতিক্ৰিয়া- অখণ্ড স্বাধীন বাংলা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বসু-সোহৰাওয়ার্দি চুক্তিৰ প্ৰতি কংগ্ৰেছ হাই কমাণ্ডৰ বিশেষকৈ জাৱাহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেল প্ৰথমৰ পৰা বিৰোধী আছিল। অখণ্ড বাংলাৰ পৰিকল্পনাক এটি ফান্দ হিচাপে আখ্যায়িত কৰি পেটেল কেইজনমান হিন্দু আৰু কংগ্ৰেছ নেতাক এই ফান্দত ভৰি নিদিবলৈ সতৰ্ক কৰি দিছিল। তেওঁ অত্যন্ত দৃঢ়ভাবে অভিমত ব্যক্ত কৰিছিল যে, ‘বাংলাৰ অমুছলমানৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে বাংলাক অৱশ্যই বিভক্ত কৰিব লাগিব।' কিন্তু প্ৰকৃতাৰ্থত হিন্দু-মুছমানৰ সংখ্যানুপাতলৈ চালে এই শংকা একেবাৰেই অমূলক আছিল। মূলতঃ কংগ্ৰেছ হাই কমাণ্ড বাংলা বিভাজনৰ প্ৰশ্নত অটল আছিল আৰু তেওঁলোকে ভাৰতৰ পূৰ্বাঞ্চলত এটি স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা হওঁক সেয়া বিচৰা নাছিল । যুক্ত বাংলা ঘোষণাৰ আগতেই ফেব্রুয়াৰিৰ শেষৰ ফালে শ্যামাপ্রসাদৰ বাংলা বিভাজনৰ দাবীৰ প্ৰতি জাতীয় কংগ্ৰেছৰ সভাপতি আচার্য কৃপালনীয়ে সমৰ্থন ব্যক্ত কৰিছিল ৷

স্পষ্টভাবে, কংগ্ৰেছ হাই কমাণ্ডৰ ওচৰত আশু বিবেচ্য বিষয় আছিল, সম্পদ সমৃদ্ধ পশ্চিম বাংলা, বিশেষকৈ কলিকতা চহৰ। তদুপৰি পেট্রোল ও অন্যান্য খনিজ সম্পদ সমৃদ্ অসমও তেওঁলোকৰ বিবেচনাত আছিল। অসম জাতীয় ইউনিয়নৰ পৰা বিচ্ছিন্ন হৈ গ'লে ইয়াৰ লগত ৰে'লপথে মূল ভূখণ্ডৰ লগত যোগাযোগৰ কোনো কোনো ব্যৱস্থা নাথাকিলহেঁতেন ৷ প্ৰকৃতাৰ্থত কংগ্ৰেছ হাই কমাণ্ডৰ বিশ্বাস আছিল যে, বাংলা বিভক্তি দীর্ঘস্থায়ী নহ'ব। কিয়নো অর্থনৈতিক, ভূ-ৰাজনৈতিক যিকোনো দিশৰ বিবেচনাত এককভাবে পূর্ব বাংলা টিকি থকাৰ সম্ভাৱনা নাছিলচৰ্দাৰ বল্লভভাই পেটেল নিশ্চিত আছিল যে, পাকিস্তানৰ নতুন চৰকাৰ তেওঁলোকৰ দায়িত্ব পালনত চৰমভাৱে ব্যৰ্থ হ'ব। ফলত পাকিস্তান বেছিদিন নিটিকে। তেওঁৰ ধাৰণা আছিল, কংগ্ৰেছ যদি পাকিস্তান মানি লয়, তেনেহ'লে মুছলিম লীগৰ কাৰণে সেয়া তিক্ত শিক্ষা হ'ব। কিছুদিনৰ ভিতৰতেই পাকিস্তান ধূলিস্যাৎ হৈ যাব আৰু তাৰ প্ৰদেশসমূহ অবর্ণনীয় দুঃখ-দুর্দশাৰ চিকাৰ হ'ব।

দেশ বিভাগৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলৰ ভূমিকা সম্পর্কে মওলানা আবুল কালাম আজাদে তেওঁৰ ইণ্ডিয়া উইনচ ফ্রিডম' গ্ৰন্থত লিখিছে- কংগ্ৰেছী নেতাসকলৰ মাজত চৰ্দাৰ পেটেলেই দেশ বিভাজনৰ প্ৰধান সমৰ্থক হৈ থিয় দিলে। কিন্তু তেওঁ নিজও দেশ বিভাজনক উত্তম সমাধান বুলি বিশ্বাস কৰা নাছিল । ক্ৰোধ আৰু হতাশাৰ কাৰণে তেওঁৰ পূৰ্ণ প্ৰভাৱ দেশ বিভাজনৰ পক্ষে প্ৰয়োগ কৰিছিল ৷ কাৰণ অর্থন্ত্রী হিচাপে পদে পদে লিয়াকত আলী খানৰ ভেটোই তেওঁক বিব্ৰত কৰি তুলিছিল আৰু তেওঁৰ প্ৰতিটো প্ৰস্তাৱ নাকচ কৰি পেলাইছিল। চৰম উত্তেজিত মুহূৰ্তত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, বিকল্প কোনো ব্যৱস্থা পোৱা নগ'লে দেশ বিভাজনকে মানি লোৱা হ'ব ৷

১৯৪৭ চনৰ ২৭ মে তাৰিখে এজন সংবাদ প্ৰতিনিধিৰ ওচৰত নেহৰুই অভিমত ব্যক্ত কৰিছিল যে, ‘ইউনিয়নৰ (অৰ্থাৎ হিন্দুস্থান) অভ্যন্তৰত বাংলা অৱস্থিত থকাৰ একমাত্ৰ চৰ্তত আমি বাংলাক ঐক্যবদ্ধ ৰাখিবলৈ সক্ষম হৈছোঁ।' মূলতঃ জৱাহৰলাল নেহৰুৰ এই মনোভাৱৰ পৰা অখণ্ড বাংলাক লৈ যি নাটক চলিছিল তাৰ যৱনিকা পৰিছিল । প্রসঙ্গতঃ, বঙ্গীয় প্রাদেশিক কংগ্ৰেছৰ এটি অংশ এই প্ৰস্তাৱক প্ৰাদেশিকতা বুলি বিৰোধিতা কৰিছিল। ১৯৪৭ চনৰ ১১ মেত সোহৰাওয়ার্দি, আবুল হাশিম, শৰৎ বসুসহ কেবাজনো নেতা মহাত্মা গান্ধীৰ লগত যুক্ত বাংলা পৰিকল্পনা লৈ আলোচনাত মিলিত হৈছিল। ভাৰতীয় ৰাজনীতিত তেতিয়া মহাত্মা গান্ধী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। কিন্তু তেওঁ সুকৌশলে বিষয়টো এৰাই গৈছিল ৷ ১৯৪৭ চনৰ ৮ জুনত মাহাত্মা গান্ধীয়ে শৰৎ বসুক প্ৰদান কৰা এটি পত্ৰত বাংলা বিভাগৰ বিৰোধিতাৰ পৰা বিৰত থকাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিল। গান্ধীৰ ওচৰৰ পৰা কোনো সহযোগিতা নাপাই সোহৰাওয়ার্দি আৰু শৰৎ বসু নিজৰ ফালৰ পৰা পৰিকল্পনাটোৰ পক্ষে জনমত গঠন কৰাৰ কাৰণে সচেষ্ট হৈছিল।

(৫) কমিউনিষ্ট পাৰ্টিৰ ভূমিকা- কমিউনিষ্ট পাৰ্টিৰ ভূমিকা বহুখিনি বংগ বিভাজনৰ পক্ষে আছিল ৷ পাৰ্টিৰ পত্ৰিকাত স্বাধীন বাংলা প্ৰতিষ্ঠাৰ কাৰণে গ্ৰহণ কৰা উদ্যোগৰ কথা প্ৰকাশ কৰিছিল। আবুল হাশিমে তেওঁৰ স্মৃতিচাৰণত কৈছিল, আমি বৃহত্তৰ বাংলা গঠন সন্দৰ্ভত আলোচনাৰ আগতেই পাৰ্টিৰ প্রত্ৰিকাৰ প্ৰতিবেদনত বৃহত্তৰ বাংলা কথাটো প্ৰচাৰ কৰিছিল। এই পত্ৰিকাত আৰু কোৱা হৈছিল, বাংলা হ'ব বৃহত্তৰ বাংলা, 'ত মুছলমানসকল হ'ব সংখ্যালঘু। ইয়াৰ ফলত মুছলমানসকলৰ মাজত আতঙ্ক দেখা দিছিল। প্ৰকৃতাৰ্থত কথাটো সম্পূর্ণভাবে সঁচা নাছিল। কাৰণ বাংলাৰ হিন্দু-মুছলমান সংখ্যানুপাত প্রায় সমান আছিল। মুছলমানসকলৰ মাজত আতঙ্ক সৃষ্টিৰ কাৰণেই কথাটো প্ৰচাৰ কৰিছিল বুলি ভবাৰ থল আছে। তেতিয়াৰ জনবিন্যাসলৈ চালে এই কথাৰ সত্যতা ওলাই পৰে। ১৯৪৭ চনত পশ্চিম বংগৰ হিন্দু জনসংখ্যা আছিল ২১.২ মিলিয়ন(নিযুত)। (দহ লাখত এক মিলিয়ন) আৰু মুছলমান জনসংখ্যা আছিল ৫.৭ মিলিয়ন অর্থাৎ মুঠ জনসংখ্যাৰ ৩০ শতাংশ মুছলমান, পূৰ্ব বংগৰ মুছলমান জনসংখ্যা আছিল ৩৯.১ মিলিয়ন আৰু হিন্দু জনসংখ্যা আছিল ১১.৪ মিলিয়ন অর্থাৎ মুঠ জনসংখ্যাৰ ৩৩ শতাংশ হিন্দু আছিল। উভয় বংগৰ মুঠ হিন্দু জনসংখ্যা আছিল ৩২.৬ মিলিয়ন আৰু মুছলমান জনসংখ্যা আছিল ৪৪.৮ মিলিয়ন। ১৯৪১ চনৰ জনগণনা অনুসৰি অসমৰ মুঠ সাম্ভাৱ্য (যেহেতু বিশ্বযুদ্ধৰ ফলত লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল।)জনসংখ্যা আছিল ৬,৬৯৪,৭৯০ জন অর্থাৎ ৬.৭ মিলিয়ন । অসমৰ মুঠ জনসংখ্যাৰ মুছলমান জনসংখ্যা ১৬৭৩৬৯৭.৫ জন অর্থাৎ ২৫ শতাংশ ধৰা হলে হিন্দু জনসংখ্যা আছিল ৫021092.5 জন। অর্থাৎ ৭৫ শতাংশ। গতিকে বংগৰ হিন্দু জনসংখ্যাৰ লগত অসমৰ হিন্দু জনসংখ্যা যোগ কৰিলে হিন্দু জনসংখ্যা হ'লহেঁতেন ৩৯.৩ মিলিয়ন আৰু বংগৰ মুছলমান জনসংখ্যাৰ লগত অসমৰ মুছলমান জনসংখ্যা যোগ কৰিলে মুছলমান জনসংখ্যা হ'লহেঁতেন ৪৬.৫ মিলিয়ন। গতিকে উক্ত পৰিসংখ্যাৰ পৰা দেখা যায় যে, কমিউনিষ্ট দলৰ পত্ৰিকাই মুছলমানসকলক আতকিংত কৰাৰ কাৰণে মুছলমানসকল সংখ্যালঘু হ'ব বুলি উদ্দেশ্য প্রণোদিতভাবে প্ৰচাৰ চলাইছিল ৷

(৫) ব্ৰিটিছ চৰকাৰৰ প্ৰতিক্ৰিয়া- স্বাভাৱিকতে ধাৰণা হয় যে, অখণ্ড স্বাধীন বাংলা গঠনৰ ক্ষেত্ৰত বিট্ৰিছ শাসক গোষ্ঠীৰ দৃষ্টিভঙ্গী অনুকূল নাছিল বুলি বাংলা আৰু পাঞ্জাৱ বিভক্ত কৰা হৈছিল; কিন্তু চিত্ৰটো প্রকৃতপক্ষে সেয়া নাছিল । বাংলাৰ গভর্নৰ ফ্রেডাৰিক বাৰোজ অখণ্ড স্বাধীন বাংলা দাবীৰ প্ৰতি পূৰ্ণ সমর্থন জ্ঞাপন কৰিলেও ভাইচৰয় মাউণ্টবেটেন এই ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব লগা হোৱাত প্ৰথমাৱস্থাত তেওঁৰ ওচৰত বিষয়টো বাঞ্ছনীয় বুলি ধাৰণা হোৱা নাছিল ৷ অৱশ্যে ফ্ৰেডাৰিক বাৰোজৰ নিৰলস প্ৰচেষ্টাৰ ফলত মাউণ্টবেটেন অৱশেষত বাংলাক অবিভক্ত ৰাখি স্বাধীনতা প্ৰদানৰ কাৰণে সন্মত হৈছিল। অৱশ্যে সৰ্বভাৰতীয় অৱস্থান যাতে ক্ষুণ্ণ নহয় তাৰ প্ৰতিও তেওঁৰ দৃষ্টি আছিল। ভাৰত সচিব লিস্টওয়েলো বাংলাক অবিভক্ত অৱস্থাত স্বাধীনতা লাভৰ সুযোগ প্ৰদানৰ পক্ষপাতি আছিল। ভাৰত বিভাগৰ প্ৰস্তাৱ লৈ লণ্ডনলৈ যাত্ৰা কৰাৰ আগত মাউণ্টবেটেনে বিচৰা নাছিল যে, সোহৰাওয়ার্দিয়ে স্বাধীন বাংলাৰ প্ৰস্তাৱ পৰিত্যাগ কৰক। মাউণ্টবেটেনে চূড়ান্ত পৰিকল্পনা লৈ ৩১ মে'ত ভাৰতলৈ উভতি আহিছিল। সেই মুহূৰ্তত কংগ্ৰেছৰ বিৰোধিতাৰ ফলত স্বাধীন বাংলা গঠন সম্পর্কে সকলো আশা দূৰীভূত হৈছিল। কংগ্ৰেছৰ বিৰোধিতাৰ ফলত অৱশেষত মাউণ্টবেটেনে নিজেও অখণ্ড স্বাধীন বাংলাৰ পৰিকল্পনা পৰিত্যাগ কৰিছিল ৷

(৭)তপচিলী হিন্দু সম্প্ৰদায়ৰ ভূমিকা- ১৯৪১ চনৰ লোকপিয়ল অনুসৰি মুঠ হিন্দু জনসংখ্যা আছিল ২৬, ,৪৮,৪১৩ জন। ইয়াৰ মাজত তপচিলী হিন্দু আছিল ৭০,৭৮,৮৯৭ জন। বাংলাৰ তপচিলী সম্প্রদায় যুক্ত বাংলাৰ সমৰ্থক আছিল। তপচিলী সম্প্ৰদায়ৰ নেতা কেন্দ্ৰীয় আইন মন্ত্রী যোগেন্দ্রনাথ মণ্ডলে কৈছিল, ‘বাংলাৰ হিন্দু তপচিলী সম্প্রদায় বাংলা ভাগ নিবিচাৰে। তেওঁ দাবী কৰিছিল, বাংলাৰ ৬৮ শতাংশ হিন্দুই তপচিলী। তপচিলী জাতি ফেডাৰেশ্বনৰ সম্পাদক কামিনী প্রসন্ন মজুদাৰো অভিক্ত বাংলা সমৰ্থন কৰিছিল। মুছলিম লীগ আৰু তপচিলী সম্প্ৰদায়ৰ এক যৌথ জনসভা ১৯৪৭ চনৰ এপ্ৰিলৰ মাজভাগত পূৰ্ব বংগৰ পূৰ্বাইলত অনুষ্ঠিত হৈছিল। তাত প্ৰায় ২০ হাজাৰ লোক সমবেত হৈছিল। সৰ্বভাৰতীয় মুছলিম লীগৰ সমৰ্থক ঢাকাৰ আর্মানিটোলা চৰকাৰী হাইস্কুলৰ শিক্ষক কামৰুদ্দিন আহমদে সেই সভাত প্রায় তিন ঘণ্টাব্যাপী ভাষণ প্ৰদান কৰিছিল। তেওঁৰ ভাষণত তেওঁ মুছলমান ও তপচিলী সম্প্রদায় একে ধৰণৰ নিপীড়িত বুলি উল্লেখ কৰিছিল। তেওঁ উভয় সম্প্রদায়ক বৰ্ণ হিন্দুৰ বিৰোধিতা কৰাৰ কাৰণে আহবান জনাইছিল। পশ্চিম বংগৰ তপচিলী সম্প্ৰদায়ৰ লোকসকলো বঙ্গভঙ্গৰ বিপক্ষে আছিল। মুছলমান আৰু তপচিলী সম্প্রদায় ঐক্যৰ আহবান ১৯৪৭ চনৰ ২৮ এপ্রিল পত্র- পত্ৰিকাত প্ৰকাশিত হৈছিল । বাংলাৰ প্ৰাদেশিক যাদৱ সম্প্ৰদায়ৰ নেতা মাখনলাল যাদৱ, উপেন্দ্ৰ ঘোষ যাদৱ প্ৰমুখে তেওঁলোকৰ বিবৃতিত বঙ্গভঙ্গৰ বিৰোধিতা কৰিছিল। তেওঁলোকে এক বিবৃতিত প্ৰকাশ কৰিছিল যে, আমালোক বৰ্ণ হিন্দুৰ দৰ্শনত বিশ্বাস নকৰোঁ। আমি বঙ্গভঙ্গ আন্দোলনৰ বিৰোধী । হিন্দু মহাসভাৰ শ্যামাপ্রসাদ মুখাৰ্জী অৱশ্যে ইয়াৰ বিৰোধিতা কৰিছিল ।

      যুক্ত বাংলা গঠনত ব্যৰ্থতাৰ কাৰণ

(১) সাংগঠনিক কাৰণ- যুক্তবাংলাৰ সংগঠকসকল কংগ্ৰেছ আৰু মুছলিম লীগৰ শীৰ্ষস্থানীয় নেতৃবৰ্গক একে সমান্তৰালত আনি প্ৰস্তাৱ গ্ৰহণত বাধ্য কৰিব নোৱাৰাৰ কাৰণে স্বাধীন বাংলা প্রতিষ্ঠিত হ'ব পৰা নাছিল ৷

(২)প্রশাসনিক কাৰণ- ১৯৩৭-১৯৪৭ চনৰ এই এক দহক ব্যাপী বাংলাৰ প্ৰশাসনত মুছলমানসকলৰ প্রতিপত্তি আছিল বুলি কংগ্ৰেছ আৰু হিন্দু সম্প্ৰদায় প্ৰশাসনৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। ফলত কাঙ্খিত ভূমিকা পালনৰ সুযোগ নাপাই হিন্দু সম্প্রদায়ভুক্ত ৰাজনৈতিক নেতাসকলৰ মাজত এক ধৰণৰ সম্পৃক্তহীনতাৰ জন্ম হৈছিল। ফলত হিন্দু-মুছলমানৰ মাজৰ ঐক্যৰ বন্ধন শিথিল হৈ পৰিছিল। এই সময়ৰ মাজত বাংলাৰ চীফ মিনিস্টাৰ ফজলুল হক ও সোহাৰওয়ার্দি উভয় সম্প্ৰদায়ৰ প্ৰতিনিধিক লৈ কোয়ালিশ্বন মন্ত্রীসভা গঠনৰ উদ্দেশ্যে বহুবাৰ প্ৰয়াস চলাইছিল। কিন্তু কংগ্ৰেছ আৰু মুছলিম লীগৰ হাই কমাণ্ডৰ বিৰোধিতাৰ ফলত সেই উদ্যোগ ব্যর্থতাত পর্যবসিত হৈছিল।

(৩) জনসংখ্যাৰ বিভাজন- জনসংখ্যাৰ বিভাজন স্থানীয় বাংলা আন্দোলনৰ অন্তৰায় হৈ থিয় দিছিল ৷ পশ্চিম বাংলাত হিন্দু আৰু পূৰ্ব বাংলাত মুছলিম জনবসতি বেছি থকাৰ কাৰণে হিন্দুসকলৰ মাজত বিচ্ছিন্নতাবোধৰ সৃষ্টি হৈছিল। কাৰণ বাংলা ভাগ হ'লে কলিকতা আৰু খনিজ সম্পদ সমৃদ্ধ এলাকা হিন্দুসকলৰ মাজত থাকিব হিন্দুসকলৰ মনত এই মানসিকতা গা কৰি উঠিছিল। ফলত সেইবোৰ মুছলমানৰ লগত ভাগা-ভাগি নকৰি তেওঁলোকে নিজেই এককভাবে শাসন ক্ষমতা লাভ কৰাৰ কথা ভাবিছিল। এই মানসিকতাই বাংলা বিভাজন আন্দোলন জোৰদাৰ কৰি তুলিছিল ৷

(৪) প্রাধান্যৰ কাৰণে সাম্প্রদায়িক সংঘর্ষ- ১৯৩৭-৪৭ চনত মন্ত্ৰীসভাত মুছলিম প্রাধান্যৰ কাৰণে কংগ্ৰেছ আৰু হিন্দু নেতবৃন্দ প্ৰশাসনৰ পৰা বহুখিনি বিচ্ছিন্ন হৈ আছিল। ফলত হিন্দু-মুছলমানৰ ঐক্যৰ বন্ধন শিথিল হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভাৰতৰ শাসন ক্ষমতা হস্তান্তৰ ত্বৰান্বিত কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰ ১৯৪৬ চনৰ জানুয়াৰী মাহত ভাৰত সচিব পেথিক লৰেন্সৰ নেতৃত্বত ৩ সদস্য বিশিষ্ট এটি প্রতিনিধি দল ভাৰতলৈ প্ৰেৰণ কৰে। অন্য দুজন সদস্য আছিল বাণিজ্য বোৰ্ডৰ সভাপতি স্ট্যাফোর্ড ক্রিপচ আৰু এ, ভি আলেকজেণ্ডাৰ। উক্ত বছৰৰ মে মাহত ভাৰতৰ প্ৰস্তাৱিত শাসনতন্ত্র সম্পৰ্কে মিছন যি প্ৰস্তাৱ পেচ কৰে সেয়া মন্ত্ৰী মিছন পৰিকল্পনানামে খ্যাত ৷ মুছলিম লীগ মন্ত্ৰী মিছন পৰিকল্পনা গ্ৰহণ কৰে। পক্ষান্তৰে কংগ্ৰেছ অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পৰিকল্পনা প্ৰস্তাৱ প্ৰত্যাখান কৰে। কংগ্ৰেছ স্বাধীন অখণ্ড ও গণতান্ত্রিক ভাৰতৰ শাসনতন্ত্ৰ প্ৰণয়নৰ কাৰণে প্ৰস্তাৱিত গণপৰিষদত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুছলিম লীগ অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেও বৰলাট ওয়াভেল সেয়া প্রত্যাখান কৰে ৷ মুছলিম লীগ এই পৰিস্থিতিত জুলাই মাহত মন্ত্ৰী মিছন পৰিকল্পনা প্রত্যাখান কৰি পাকিস্তান অর্জন নোহোৱালৈকে প্ৰত্যক্ষ সংগ্ৰামৰ আহবান জনায়। অথচ পাছৰ মাহতেই (আগস্ট ১৯৪৬) বৰলাট কংগ্ৰেছ নেতা জওহৰলাল নেহৰুক চৰকাৰ গঠনৰ কাৰণে আমন্ত্ৰণ জনায় ৷ ফলত মুছলিম লীগে ১৯৪৬ চনৰ ১৬ আগস্টত ভাৰতৰ সৰ্বত্ৰ হৰতাল আৰু প্ৰত্যক্ষ সংগ্ৰাম দিৱস পালন কৰে। সিদিনা কলিকতাত সংঘৰ্ষ সংঘটিত হয় আৰু পাছত সেয়া ভাৰতৰ সৰ্বত্ৰ বিয়পি পৰে । সংবাদ পত্ৰৰ ভাষ্য অনুসৰি সেই সংঘৰ্ষত প্রায় ৫০,০০০ লোক হতাহত হৈছিল বুলি জনা যায় ৷ ১৬ আগস্টত সংঘটিত ভয়াৱহ কলিকতা সংঘৰ্ষৰ অব্যবহতি কাল পাছত নোয়াখালিত সংঘর্ষ সংঘটিত হয়। এই দুই সংঘৰ্ষৰ ফলত হিন্দু সম্প্রদায় শংকিত হৈ পৰে আৰু হিন্দু-মুছলমান সম্পৰ্কৰ ক্ষেত্ৰত বিৰাট ফাট সৃষ্টি হয়। তদুপৰি এই সুযোগত হিন্দু মালিকাধীন পত্র-পত্রিকাবোৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ সুযোগ লাভ কৰি বিভিন্ন গুজব বিয়পাই দিয়ে ৷

(৫) বিলম্বিত প্রয়াস- যুক্ত বাংলা গঠনৰ প্ৰয়াস ব্যৰ্থ হোৱাৰ কাৰণ আছিল বিলম্বিত প্ৰয়াস ৷ বাংলাৰ গভর্নৰ ফ্ৰেডাৰিক বাৰোজসহ অখণ্ড স্বাধীন বাংলা গঠনৰ উদ্যোগ গ্ৰহণ কৰা প্ৰৱক্তাসকলে এই কথা বহুবাৰ উল্লেখ কৰি উদ্বেগ প্রকাশ কৰিছিল। বহুতৰ মতে প্ৰস্তাৱটো কমপক্ষে আৰু এবছৰ আগত উত্থাপন হোৱাটো উচিত আছিল। ফলস্বৰূপ ১৯৪৮ চনৰ জুন মাহত দেশ বিভাজনৰ পৰিকল্পনা থাকিলেও ১৯৪৭ চনৰ ২ জুনৰ মাজত ভাইচৰয় মাউন্টবেটেনে অখণ্ড বাংলাৰ ক্ষেত্ৰত সোহৰাওয়ার্দিক কংগ্ৰেছ আৰু মুছলিম লীগৰ সন্মতি সংগ্ৰহ কৰিবলৈ কৈছিল।সোহৰাওয়ার্দিয়ে স্বাধীন বাংলাৰ পৰিকল্পনা প্ৰকাশ কৰিছিল ১৯৪৭ চনৰ ২৭ এপ্ৰিলত। পৰিকল্পনাটো বিলম্বে প্ৰকাশ কৰাত কংগ্ৰেছ আৰু মুছলিম লীগ পূর্ণাঙ্গ আলোচনা কৰি ঐক্যমতত উপনীত হ'ব পৰা নাছিল। ফলত এইটো প্ৰতীয়মান হয় যে, ডোমিনিয়ন মর্যদাত বাংলাক তৃতীয় স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা সম্পৰ্কে ব্ৰিটিছ চৰকাৰৰ সন্মতি থকা সত্ত্বেও সৰ্বভাৰতীয় স্বাৰ্থত পৰিকল্পনাটো বাদ দিব লগা হৈছিল। যুক্ত বাংলাৰ প্ৰস্তাৱটো যেতিয়া লোৱা হৈছিল, তেতিয়া ৰাজনৈতিক বিভেদ, সন্দেহ চৰম আকাৰ ধাৰণ কৰিছিল, জনগণো আছিল সাম্প্ৰদায়িক আবেগত বিভক্ত। ফলত অখণ্ড স্বাধীন বাংলাৰ মহৎ উদ্দেশ্য ব্যৰ্থ হৈছিল।

(৬) কংগ্ৰেছৰ অসহযোগিতা- সোহৰাওয়ার্দিৰ বিপক্ষে বাংলাৰ হিন্দুসকলৰ এটি বৃহৎ অংশক সংগঠিত কৰিলেও অখণ্ড বাংলা আন্দোলনৰ ব্যৰ্থতাৰ ক্ষেত্ৰত সেয়া বিশেষ ডাঙৰ কাৰণ নাছিল ৷ আন্দোলনৰ ভাগ্য মূলতঃ কেন্দ্ৰীয় পর্যায়ত নিৰ্দ্ধাৰিত হৈছিল আৰু এই প্ৰয়াস ব্যৰ্থ হোৱাৰ মুলতে আছিল কংগ্ৰেছ হাই কমাণ্ডৰ বিৰোধিতা। য'ত এক পর্যায় পর্যন্ত যুক্ত বাংলাৰ ক্ষেত্ৰত মুছলিম লীগৰ মহম্মদ আলী জিন্নাহৰ সন্মতি আছিল, তাত কংগ্ৰেছৰ নেতৃস্থানীয় অংশ- বিশেষকৈ জওহৰলাল নেহৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেল প্ৰথমৰ পৰাই ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল ৷ তেওঁলোকৰ মত পৰিৱৰ্তন কৰিবলৈ কিৰণ শংকৰ ৰায় এনেকি মহাত্মা গান্ধী পর্যন্ত সমৰ্থ হোৱা নাছিল ৷ ফলত কংগ্ৰেছৰ আকোঁৰগোজ মনোভাৱৰ কাৰণে ভাৰত বিভাগ ত্বৰান্বিত হৈছিল আৰু অখণ্ড বাংলা গঠনৰ সপোন ব্যৰ্থ হৈছিল ।

(৭) বংগীয় মুছলিম লীগ আৰু কংগ্ৰেছৰ মাজত অনৈক্য- প্রাদেশিক বংগীয় মুছলিম লীগ আৰু বংগীয় কংগ্ৰেছৰ মতানৈক্য অখণ্ড বাংলা গঠনত অন্যতম অন্তৰায় হৈ থিয় দিছিল। বাংলা বিভাগৰ ক্ষেত্ৰত চিলেটৰ গণভোট লোৱা হোৱা নাছিল ৷ বাংলা বিভাগৰ ক্ষেত্ৰত গণভোট আয়োজন কৰা হ'লে আন্দোলন সফল হ'লহেঁতেন। কিন্তু সময়ৰ স্বল্পতাৰ কাৰণে সেয়া সম্ভৱ হৈ উঠা নাছিল। কোনো কোনোৱে কয়, বাংলা বিভাগ ৰোধ কৰাৰ কাৰণে সোহৰাওয়ার্দি অখণ্ড বাংলা আন্দোলন আৰম্ভ কৰিছিল ৷ কিন্তু প্রকৃতপক্ষে সেয়া সঠিক নহয় । তেওঁ লাহোৰ প্ৰস্তাৱৰ ভিত্তিত স্বাধীন বাংলা দাবী কৰিছিল । যুক্ত বাংলা বা বৃহত্তৰ বাংলা আন্দোলন বঙ্গীয় মুছলিম লীগৰ ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। এই আন্দোলক কেন্দ্ৰ কৰি বঙ্গীয় মুছলিম লীগ পূর্ব বাংলা ও পশ্চিম বাংলা এই দুই ভাগত বিভক্ত হৈ পৰিছিল। ইয়াৰ উপৰিও আছিল সোহৰাওয়ার্দি গ্রুপ আৰু খাজা গ্রুপ। খাজা নাজিমুদ্দিনৰ লগত কেন্দ্ৰীয় মুছলিম লীগ আৰু মহম্মদ আলী জিন্নাহৰ ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠিছিল। আনফালে সোহৰাওয়ার্দি গ্রুপ অবিভক্ত বাংলা, পূর্ণিয়া আৰু অসম লৈ অবিভক্ত বৃহত্তৰ বাংলা প্রতিষ্ঠা কৰিব বিচাৰিছিল। কিন্তু সেই আন্দোলন ব্যর্থ হোৱাত নাজিমুদ্দিন গ্ৰুপৰ জয় হয়। এই পৰাজয় মাথোন সোহৰাওয়ার্দি গ্ৰুপৰে নহয়, সমগ্র বঙ্গীয় মুছলিম লীগৰ পৰাজয় আছিল। ইয়াৰ ফলত বঙ্গীয় মুছলিম লীগ পূর্ব ও পশ্চিম বাংলা মুছলিম লীগত বিভক্ত হৈ পৰিছিল। ফলত পূর্ব বাংলা মুছলিম লীগৰ মাজত অন্তর্দ্বন্দ্ব সৃষ্টি হৈছিল। ফলত পূর্ব পাকিস্থান আওয়ামী লীগ আৰু ছাত্ৰ লীগ সৃষ্টি হৈছিল ।

(৮)দূৰদৰ্শিতাৰ অভাৱ- শৰৎ চন্দ্ৰ বসু আৰু সোহৰাওয়ার্দিৰ দূৰদৰ্শিতা, দৃঢ় আৰু উদাৰ মনোভাৱৰ অভাৱ বৃহত্তৰ বাংলা গঠনত ব্যৰ্থতাৰ অন্যতম কাৰণ ৷ বঙালী শীৰ্ষস্থানীয় নেতৃবৃন্দৰ মাজত ব্যক্তিত্বৰ সংঘাত আৰু ক্ষমতাৰ দ্বন্দ্ব প্ৰৱল থকাত অখণ্ড বাংলা ৰাষ্ট্ৰ গঠনত প্ৰয়োজনীয় নেতৃত্ব প্ৰদান কৰিব পৰা নাছিল। কেন্দ্ৰীয় কংগ্ৰেছ আৰু কেন্দ্ৰীয় মুছলিম লীগ নেতৃবৃন্দ এই সুযোগটোৱে গ্ৰহণ কৰিছিল ।

(৯)কমিউনিস্ট পাৰ্টীৰ দায়িত্ব- স্বাধীন বাংলা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত হিন্দু মহাসভাৰ বিৰোধিতাতকৈ কম ভূমিকা পালন কৰা নাছিল কমিউনিস্ট পার্টী। পাৰ্টীৰ পত্ৰিকা স্বাধীনতা'ত তেওঁলোকে জানি বুজিয়ে প্ৰকাশ কৰিছিল যে, ভাৰত ভাগ হ'লেও বাংলা ভাগ নহ'ব। বাংলা এটি সার্বভৌম স্বাধীন ৰাষ্ট্ৰত পৰিণত হ'ব। তেওঁলোকে স্বাধীনতাৰ আন এটি সংখ্যাত প্ৰকাশ কৰিছিল যে, বৃহৎ বাংলাত মুছলমানসকল সংখ্যালঘু হ'ব। স্বাভাৱিকভাবেই ইয়াৰ পাছত মুছলমানসকলৰ মাজত আতঙ্ক গা কৰি উঠিছিল। ফলত মুছলমানসকলে শৰৎ বসু বা আবুল হাশিম কাৰো ওপৰতেই আস্থা ৰাখিব পৰা নাছিল। ফলত বৃহত্তৰ বাংলা প্ৰতিষ্ঠাৰ আকাঙ্খা ব্যাহত হৈছিল । ১৯৪৭ চনত ভাৰত বিভাজনৰ প্ৰাকমুহূৰ্তত পূর্ব ও পশ্চিম বাংলাক লৈ অখণ্ড বৃহত্তৰ বাংলা প্ৰতিষ্ঠাৰ কাৰণে সোহৰাওয়ার্দি উদ্যোগ গ্ৰহণ কৰিছিল। কিন্তু কংগ্ৰেছ আৰু মুছলিম লীগৰ কেন্দ্ৰীয় ও শীর্ষস্থানীয় অবঙালী নেতৃবৃন্দৰ বিৰোধিতাৰ ফলত সেয়া ব্যৰ্থ হৈছিল।

১৯৪৭ চনৰ ৩ জুনত ব্ৰিটিছ চৰকাৰ ভাৰত বিভাগৰ লগত বাংলা ও পাঞ্জাৱ বিভাগৰ পৰিকল্পনা কৰিছিল। কংগ্ৰেছ আৰু মুছলিম লীগ সেয়া মানি লোৱাৰ পাছত বাংলা বিভাগ অনিবাৰ্য হৈ পৰিছিল। অৱশ্যে ইয়াৰ পাছতো সোহৰাওয়ার্দিয়ে যুক্ত বাংলাৰ উদ্যোগ অব্যাহত ৰাখিছিল। ৩০ জুনত মাউণ্টবেটেন কলিকতালৈ আহিলে তেওঁক সন্মত কৰাৰ কাৰণে চেষ্টা কৰিছিল। অৱশ্যে ভাইচৰয় মাউন্টবেটেনে সেই পৰিকল্পনা নাকচ কৰিছিল। ১৯৪৭ চনৰ ১৩ আগস্ট পর্যন্ত বাংলাৰ চীফ মিনিস্টাৰ হিচাপে সোহৰাওয়ার্দিয়ে চেষ্টা অব্যাহত ৰাখিলেও পাছদিনা অর্থাৎ ১৪ আগস্ট পাকিস্তান আৰু ১৫ আগস্টত ভাৰত স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পূর্ব বাংলা পাকিস্তানৰ অংশ আৰু পশ্চিম বাংলা ভাৰতৰ অংশ হিচাপে ভাগ হৈ গৈছিল। যুক্ত বাংলা গঠনৰ সকলো উদ্যোগ আৰু প্ৰচেষ্টা এনেকৈয়ে যৱনিকা পৰিছিল ৷

 

                    বাংলা বিভাজন

ঐতিহাসিক এম, , ৰহিম বাংলাৰ মুছলমানসকলৰ ইতিহাস গ্ৰন্থত বাংলা বিভাজন সম্পর্কে মন্তব্য কৰিছে- এয়া অতি আশ্চর্যৰ বিষয় যে, ১৯০৫ চনত যিসকল হিন্দু নেতাই বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰি বঙ্গ বিভাজন ৰোধ কৰিছিল তেওঁলোকেই আকৌ ১৯৪৭ চনত বাংলা বিভাজনৰ কাৰণে দাবী উত্থাপন কৰিছিল৷ আকৌ যিসকল মুছলমান নেতাই ১৯০৫ চনত বংগ বিভাজন হোৱাত আনন্দ প্ৰকাশ কৰিছিল, তেওঁলোকেই বাংলা বিভাজনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছিল ।

(১) বাংলা বিভাজনৰ পটভূমি- বাংলা এখন সমৃদ্ধিশালী প্রদেশ। ব্ৰিটিছ শাসন প্ৰতিষ্ঠাৰ পাছত কলিকতাত ৰাজধানী স্থাপনৰ ফলত ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাইছিল আৰু পশ্চিম বংগ সমৃদ্ধশালী অঞ্চলত পৰিণত হৈছিল । বঙ্গভঙ্গ ৰদৰ সময়ত কলিকতাৰ পৰা ৰাজধানী দিল্লীলৈ স্থানান্তৰ কৰা হ'লেও বাংলাৰ কেন্দ্ৰ হিচাপে কলিকতা সমৃদ্ধ নগৰী হিচাপে বাহাল আছিল। কংগ্ৰেছ আৰু মুছলিম লীগ পশ্চিম বংগক নিজ নিজ প্ৰভাৱৰ বলয়ৰ মাজত ৰখাৰ কাৰণে সচেষ্ট আছিল। ১৯৪০ চনত লাহোৰ প্ৰস্তাৱত মুছলিম লীগে দ্বিজাতিতত্ত্বৰ ভিত্তিত ভাৰত বিভাগৰ প্ৰস্তাৱ উত্থাপন কৰে আৰু পৰৱৰ্তী পৰ্যায়ত পাকিস্থান দাবীৰ ক্ষেত্ৰত অনমনীয় মনোভাব গ্রহণ কৰে। এই দাবী প্ৰতিৰোধৰ কাৰণে কংগ্ৰেছ আৰু হিন্দু মহাসভাৰ নেতৃবৃন্দ বাংলা আৰু পাঞ্জাৱ বিভাগৰ প্ৰস্তাৱ উত্থাপন কৰে। মুছলিম তেতিয়া ভাৰত বিভাগৰ পক্ষত থাকিলেও বাংলা ও পাঞ্জাৱ বিভাগৰ পক্ষত নাছিল। অৱশ্যে ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিৰ জয়লাভ আৰু ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত এটলীৰ শ্রমিক দলৰ জয়লাভ ভাৰতৰ ৰাজনীতিত প্ৰভাৱ পৰিছিল। শ্রমিক দল ভাৰত বিভাগৰ পৰিৱৰ্তে ভাৰতৰ অখণ্ডতা বজায় ৰখাৰ পক্ষপাতি আছিল। নতুন প্রধানমন্ত্রী এটলীয়ে ১৯৪৬ চনৰ জানুয়াৰি মাহত ভাৰতৰ নিৰ্বাচনৰ সময় নিৰ্দ্ধাৰণ কৰিছিল। কংগ্ৰেছ আৰু মুছলিম লীগৰ ওচৰত এই নির্বাচন আছিল অতি গুৰুত্বপূর্ণ। কংগ্ৰেছ সেই সময়ত পাকিস্তানৰ বিপক্ষে আছিল। পক্ষান্তৰে মুছলিম লীগৰ পাকিস্তানৰ যৌক্তিকতা এই নিৰ্বাচনৰ ৰায়ৰ ওপৰত নিৰ্ভৰশীল আছিল ৷

(২) ১৯৪৬ চনৰ নিৰ্বাচন- ১৯৪৬ চনৰ নিৰ্বাচনত বাংলাত মুছলিম লীগে অভূতপূর্ব সাফল্য অর্জন কৰিছিল। সোহৰাওয়ার্দি নেতৃত্বাধীন মুছলিম লীগে ১২২ খন আসনৰ ভিতৰত ১১৭ খন আসন লাভ কৰিছিল। অন্যান্য প্রদেশসমূহতো মুছলিম লীগ বিজয়ী হৈছিল। প্ৰাদেশিক আইন পৰিষদৰ ৫০৭ খন আসনৰ ভিতৰত মুছলিম লীগ ৪৭২ খন আসনত জয়ী হৈছিল। কেন্দ্ৰীয় পৰিষদতো মুছলিম লীগৰ প্ৰাৰ্থীসকল প্ৰায়বোৰ আসনতে জয়ী হৈছিল। নিৰ্বাচনৰ ফলাফল আৰু মুছলিম ভোটাৰ সকল লীগৰ পক্ষে ভোট প্রদান কৰাত ক্ষমতা হস্তান্তৰৰ বিষয়ে মুছলিম লীগ তথা মহম্মদ আলী জিন্নাহক উপেক্ষা কৰাটো লণ্ডন আৰু দিল্লীৰ পক্ষে সম্ভৱ নাছিল। ইয়াৰ ফলত যিমান দূৰ সম্ভৱ সোনকালে ক্ষমতা হস্তান্তৰৰ ক্ষেত্ৰত ব্ৰিটিছসকল আগ্ৰহী হৈ উঠিছিল।

(৩) মন্ত্ৰী মিছন পৰিকল্পনাৰ চুপাৰিছ বাস্তৱায়ন- নতুনকৈ নিৰ্বাচিত প্রতিনিধিসকলৰ লগত ভাৰতৰ ভৱিষ্যত লৈ আলোচনাৰ কাৰণে ব্ৰিটিছ চৰকাৰ ১৯৪৬ চনৰ এপ্ৰিল মাহত মন্ত্ৰী মিচন' নামে এক প্রতিনিধি দল ভাৰতলৈ প্ৰেৰণ কৰিছিল। ১৬ এপ্ৰিলত জিন্নাহৰ লগত মন্ত্ৰী মিছনৰ বৈঠকত পাকিস্তান দাবীৰ যৌক্তিকতা তুলি ধৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে, লাহোৰ প্ৰস্তাৱৰ উল্লেখিত ৰাজ্যসমূহৰপৰিৱৰ্তে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মন্ত্ৰী মিছনে কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত বৈঠকৰ পাছত মে মাহত তেওঁলোকৰ প্ৰস্তাৱিত শাসনতন্ত্র ঘোষণা কৰে ৷ ইয়াত ভাৰত বিভাজনৰ কথা পৰিষ্কাৰভাবে উল্লেখ কৰা হোৱা নাছিল। অৱশ্যে মুছলিম লীগ আৰু কংগ্ৰেছে নিজ নিজ অৱস্থানৰপৰা তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। মুছলিম লীগ মিছনৰ গ্রুপিং ব্যৱস্থাৰ মাজত তেওলোকৰ এককেন্দ্ৰীয় চৰকাৰ গঠনৰ মাজত অখণ্ড ভাৰতৰ সপোন দেখিছিল। মন্ত্রী মিছন কেন্দ্ৰত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ সিদ্ধান্তৰ ক্ষেত্ৰত মুছলিম লীগ ৰাজি হ'লেও কংগ্ৰেছ ৰাজি হোৱা নাছিল । নিয়মানুসাৰে মুছলিম লীগক চৰকাৰ গঠনৰ দায়িত্ব দিয়াৰ কথা থাকিলেও ব্ৰিটিছ চৰকাৰৰ পক্ষপাতমূলক নীতিৰ কাৰণে সেয়া সম্ভৱ হোৱা নাছিল। জুন মাহত নেহৰুৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। মুছলিম লীগে ইয়াৰ বিৰোধিতা কৰে। ক'বলৈ গ'লে, ভাৰত বিভাজনৰ বীজ ইয়াৰ পৰাই অঙ্কুৰিত হৈছিল।

(৪) মুছলিম লীগ প্রত্যক্ষ সংগ্ৰাম ঘোষণা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ- ১৯৪৬ চনৰ জুলাই মাহত মুছলিম লীগ পাকিস্তান দাবীৰ সমৰ্থনত প্রত্যক্ষ সংগ্ৰামৰ আহবান জনায়। ইয়াৰ ফলত ৰাজনৈতিক অৱস্থা জটিল হৈ পৰে। ১৬ আগস্টত মুছলিম লীগ দেশব্যাপী প্রত্যক্ষ সংগ্রাম' কাৰ্যসূচিৰ অন্তৰ্গত চৰকাৰী ছুটি ঘোষণা কৰে। ফলত পৰিস্থিতি সাম্প্রদায়িক সংঘৰ্ষৰ ফালে ঢাল খায় । কলিকতাত সংঘর্ষ আৰম্ভ হয়। এক-চতুর্থাংশ মুছলিম অধ্যুষিত কলিকতাত মুছলিম সকলেই অধিক ক্ষতিৰ সন্মুখীন হ'ব লগা হয়। এই সংঘর্ষত ৪৮ ঘণ্টাৰ ভিতৰত ৫০০ লোক নিহত হয়। সংঘর্ষ ক্রমান্বয়ে পূর্ব বাংলাৰ নোয়াখালিসহ অন্যত্র বিয়পি পৰে। কলিকতাৰ সংঘৰ্ষৰ কাৰণে কংগ্ৰেছে সোহাৰওয়ার্দিক দায়ী কৰি মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে ৷ অৱশ্যে সেই প্ৰস্তাৱ ভোটৰ ব্যৱধানত বাতিল হয় ৷ আনফালে অন্তৱৰ্তীকালীন চৰকাৰ ভাৰতত সাম্প্ৰদায়িক সংকট কেন্দ্রিক আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি মোকাবিলা কৰিবলৈ অসমর্থ হয়। হিন্দুসকলে তেতিয়া বিশ্বাস কৰিছিল যে, সোহৰাওয়ার্দি চৰকাৰৰ শাসন মূলতঃ বাংলাক পাকিস্তান প্ৰতিষ্ঠাৰ কৌশলহে । বাংলা বিভাজনৰ বিপক্ষে অৱস্থান গ্ৰহণকাৰী শ্যামাপ্রসাদ মুখার্জীয়ে ১৯৪৬ চনত তেওঁৰ মত সলনি কৰি বাংলা বিভাজনৰ পক্ষে মতপোষণ কৰে । তেওঁৰ মতে, বাংলা যদি পাকিস্তানত ৰূপান্তৰিত হয়, তেনেহ'লে বাংলাৰ হিন্দুসকল স্থায়ীভাবে মুছলমান শাসকৰ অধীনলৈ গুচি যাব। ফলত মুছলমান শাসকতকৈ দেশ বিভাগ অধিকতৰ পছন্দনীয়, এই ধাৰণা কিছু কিছু হিন্দুৰ মনত উদয় হয় ৷

(৫) ভাৰত আৰু বাংলা বিভাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ অত্যুৎসাহী মনোভাৱ- বাংলা বিভাগৰ কাৰণে ১৯৪৬ চনৰ পৰাই কংগ্ৰেছে আন্দোলন আৰম্ভ কৰিছিল আৰু ৫৯ টা জনসভা কৰি বাংলা বিভাগৰ পক্ষে জনমত গঢ়ি তুলিছিল ৷ এই পৰিস্থিতিত নেহৰু আৰু পেটেল ভাৰত বিভাগৰ ক্ষেত্ৰত তেওঁলোকৰ ইতিবাচক মনোভাৱ প্ৰকাশ কৰিছিল। ভি, পি, মেননে কৈছে, ১৯৪৬ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে অথবা পাছৰ বছৰৰ জানুয়াৰি মাহত এই দুই নেতাক ভাৰত বিভাগৰ কাৰণে সন্মত কৰোৱা হয় ৷ এই সময়ত ভাৰত বিভাগৰ লগতে সর্বপ্রথম বাংলা আৰু পাঞ্জাৱ বিভাগৰ কাৰণে দাবী উত্থাপন কৰে। ইয়ান স্টিফিনচে এই সম্পৰ্কে কৈছে, ১৯৪৭ চনৰ জানুয়াৰি মাহত এনেকুৱা দাবী উত্থাপন হ'বলৈ ধৰে যে, প্রকৃতার্থতেই যদি উপমহাদেশ বিভক্ত কৰা হয়, তেনেহ'লে বাংলা আৰু পাঞ্জাৱো বিভক্ত কৰিব লাগিব । কাৰণ এই দুই প্ৰদেশত মুছলমান সংখ্যা গৰিষ্ঠতা খুবেই সামান্য। ফলত বিপুল সংখ্যক অমুছলমান অধিবাসী স্থায়ীভাবে পাকিস্তানত ৰখাটো অসম্ভৱ হৈ পৰিব। মাৰ্চ মাহত পাঞ্জাৱৰ শিখসকলেও একেই দাবী উত্থাপন কৰি কংগ্ৰেছৰ অধিবেশনত পাঞ্জাৱক দুই ভাগ কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰে ৷ ইয়াৰ লগত বাংলা বিভাগৰ কথাও উচ্চাৰণ হ'বলৈ ধৰে। ৪ মাৰ্চত পেটেলে ঘোষণা কৰে যে, যদি মুছলিম লীগ ভাৰত বিভাগৰ দাবী ত্যাগ নকৰে, তেনেহ'লে পাঞ্জাৱ আৰু বাংলা বিভাগৰ কাৰণে দাবী উত্থাপন কৰা হ'ব। এই বক্তব্যৰ পৰা প্রমাণিত হয় যে, কংগ্ৰেছৰ বাংলা বিভাগৰ হুমকি আছিল প্রকৃতপক্ষে মুছলিম লীগক পাকিস্তান দাবীৰ প্ৰস্তাৱৰ পৰা আঁতৰাই অনাৰ কাৰণে। কংগ্ৰেছৰ এই মনোভাৱৰ পৰা এটি বিষয় পৰিষ্কাৰ হৈ উঠে যে, কংগ্ৰছ ভাৰত বিভাগৰ কাৰণে মানসিকভাৱে প্ৰস্তুত আছিল। ভাৰতবৰ্ষৰ ৰাজনৈতিক অনিশ্চিয়তা আঁতৰ কৰাৰ কাৰণে ব্ৰিটিছ প্ৰধানমন্ত্রী এটলী এই সময়ত ১৯৪৮ চনৰ জুন মাহৰ ভিতৰত ভাৰতৰ শাসন ক্ষমতা হস্তান্তৰৰ কথা ঘোষণা কৰে ৷ এই উদ্দেশ্যে লর্ড মাউণ্টবেটেনক নতুন ও শেষ বড়লাট নিযুক্ত কৰা হয় । দীর্ঘ আলোচনাৰ পাছত কংগ্ৰেছ আৰু লীগৰ প্ৰস্তাৱ গ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰ ভাৰত বিভাজনৰ কাৰণে সন্মত হয়। ইয়াৰ মাজতে কংগ্ৰেছে বাংলা আৰু পাঞ্জাৱ বিভাজনৰ কাৰণে নতুন এটি দাবী উত্থাপন কৰে। জিন্নাহ, সোহৰাওয়ার্দিসহ মুছলিম নেতৃবৃন্দ এই দাবীৰ বিপক্ষে আছিল। এই ক্ষেত্ৰত কংগ্ৰেছৰ লগত যোগদান কৰিছিল হিন্দু মহাসভা। এইদৰে বৰ্ণ হিন্দুসকলৰ নেতৃত্বত বাংলা বিভাগ আন্দোলন ক্রমে শক্তিশালী হৈ উঠে

(৬) হিন্দু মহাসভাৰ তৎপৰতা- ভাৰত বিভাগ পৰিকল্পনাৰ উমান পাই ভাৰতীয় হিন্দু মহাসভাৰ নেতা ড০ শ্যামাপ্রসাদ মুখাৰ্জী ১৯৪৭ চনৰ ২৩ ফেব্রুয়াৰিত এক বিবৃতিত বাংলা বিভাগৰ দাবী উত্থাপন কৰে । একেই বছৰৰ ৫ এপ্ৰিলত তাৰকেশ্বৰত অনুষ্ঠিত বঙ্গীয় প্রাদেশিক হিন্দু মহাসভা সন্মিলনত হিন্দু সংখ্যা গৰিষ্ঠ জিলাবোৰৰ সমন্বয়ত হিন্দু বঙ্গ প্রদেশ গঠনৰ দাবী উত্থাপন কৰা হয়। উক্ত দাবীৰ ভিত্তিত নিখিল ভাৰত কংগ্ৰেছ সভাপতি আচার্য কৃ পালনী বাংলা বিভাজন দাবীৰ সমৰ্থনত মাৰ্চ মাহত প্রকাশ্যে বিবৃতি প্রদান কৰে। এইদৰে হিন্দু মহাসভা বাংলা বিভাগৰ কাৰণে কংগ্ৰেছৰ দৰে অগ্ৰণী ভূমিকা পালন কৰে। ১৯৪৭ চনৰ মাৰ্চ মাহত হিন্দু মহাসভাৰ কাৰ্যকৰী কমিটি বাংলা বিভাজনৰ পক্ষে আকৌ মতামত ব্যক্ত কৰে। বাখেৰগঞ্জ, ঢাকা আৰু বহু ঠাইত কংগ্ৰেছ আৰু হিন্দু মহাসভাই যৌথ সভা অনুষ্ঠিত কৰে। কলিকতা, হুগলি, হাওড়া, ২৪ পৰগণা, বর্ধমানত যৌথ আন্দোলন আৰম্ভ হয় ৷ বাংলা বিভাজনৰ দাবীত হিন্দু মহাসভা এককভাৱে ১২ টা আৰু কংগ্ৰেছৰ লগত যৌথভাৱে ৫ টা জনসভা অনুষ্ঠিত কৰে ।

(৭) লর্ড মাউণ্টবেটেনৰ কংগ্ৰেছ প্রীতি-লর্ড মাউণ্টবেটেন ১৯৪৭ চনৰ ২২ মাৰ্চত কামত যোগদান কৰিছিল। অচলপ্রায় কেন্দ্ৰীয় শাসনৰ ফলত সাম্প্রদায়িক উত্তেজনা আৰু আইন-শৃংখলাৰ চৰম অৱনতি হৈছিল। লর্ড মাউণ্টবেটেন এনেকুৱা পৰিস্থিতিত ক্ষমতা হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰথমৰ পৰাই যে তেওঁ কংগ্ৰেছৰ পক্ষ গ্ৰহণ কৰিছিল, লিউনার্ড মাচলিৰ মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰে ৷ মাচলিৰ ভাষ্য মতে, পেটেলৰ লগত আলোচনাৰ সময়ত মাউণ্টবেটেনে ক'লে যে, মুছলিম লীগৰ লগত একেলগে কাম কৰাৰ চেষ্টা কৰি ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাতকৈ মুছলমানৰ কাৰণে ভাৰতৰ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্র অংশ এৰি দিয়াটো যুক্তিযুক্ত হ'ব। নেহৰু আৰু পেটেল মাউণ্টবেটেনৰ পৰামৰ্শ গ্ৰহণ কৰিলেকিন্তু পাকিস্তানক দুর্বল কৰাৰ কাৰণে পাঞ্জাৱ আৰু বাংলাৰ মুছলমান অধ্যুষিত এলাকাসমূহ বিভাজন কৰাৰ কাৰণে দাবী অব্যাহত ৰাখে। জিন্নাহই কংগ্ৰেছৰ এই দাবীক চক্রান্ত বুলি অভিহিত কৰিছে। তেওঁ সংখ্যালঘুৰ সমস্যা সমাধানৰ কাৰণে পাকিস্তান আৰু হিন্দুস্তানৰ মাজত লোক বিনিময়ৰ প্ৰস্তাৱ দিয়ে। কিন্তু মাউণ্টবেটেনে জিন্নাহক অখণ্ড ভাৰত আৰু খণ্ডিত বাংলা ও পাঞ্জাৱ এই দুটাৰ মাজত এটি পছন্দ কৰিবলৈ ক'লে। তেওঁ ইয়াকো কলে যে, যদি জিন্নাহই পাকিস্তান দাবীলৈ আঁকোৰগোজ হৈ থােেক, তেনেহ'লে প্ৰদেশ দুটা ভাগ কৰা হ'ব। এই পৰ্যায়ত তেওঁ স্পষ্টভাৱে জনাই দিলে যে, তেওঁ হয় অখণ্ড ভাৰত আৰু অখণ্ড পাঞ্জাৱ ও বাংলা অথবা খণ্ডিত বাংলা ও পাঞ্জাৱ গ্ৰহণ কৰিব লাগিব। জিন্নাহই সেয়ে এই সময়ত দ্বিতীয় সমাধান বিবেচনা কৰিবলৈ লৈছিল।

(৮) বাংলা বিভাজনৰ পক্ষে কলিকতাত জনমত গঠন- মাউণ্টবেটেনৰ পক্ষপাতমূলক আচৰণ ও কংগ্ৰেছ প্ৰীতিৰ কাৰণে এই সময়ত পশ্চিম বাংলাৰ হিন্দুসকলৰ এক বৃহৎ অংশ বাংলা বিভাজনৰ পক্ষে অৱস্থান গ্ৰহণ কৰে আৰু পশ্চিম বাংলাক নতুন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে চিন্তা-চৰ্চা আৰম্ভ কৰে। সোহৰাওয়ার্দি আৰু মুছলিম লীগ নেতৃবৃন্দৰ বিভিন্ন বিবৃতিৰ পৰা পাকিস্তান প্ৰতিষ্ঠাৰ দাবী পৰিষ্কাৰ হৈ উঠে। হিন্দুসকলে ধাৰণা কৰে যে, পাকিস্তানৰ অন্তৰ্ভূক্ত হোৱাৰ অৰ্থ চিৰদিনৰ কাৰণে ৰাজনৈতিক সাৰ্বভৌমত্ব হেৰুৱা আৰু সংখ্যাগৰিষ্ঠ মুছলমানৰ অধীনস্থ হোৱা। ইয়াৰ মাজতে কলিকতাত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হয়। ফলত কলিকতা সংঘৰ্ষৰ পাছত পশ্চিম বাংলাৰ হিন্দুসকল বাংলা বিভাজনৰ কাৰণে অধিক সোচ্চাৰ হৈ উঠে।১৯৪৬ চনৰ নিৰ্বাচনত জয়ী হৈ সোহৰাওয়ার্দিয়ে চৰকাৰ গঠন কৰাৰ পাছত হিন্দু বাঙালীসকলৰ প্ৰত্যাশা হতাশাত পৰিণত হয়। প্রধানমন্ত্ৰী হোৱাৰ পাছত সোহৰাওয়ার্দিয়ে সেই হতাশা আঁতৰ কৰাৰ কাৰণে কোনো উদ্যোগ গ্রহণ কৰা নাছিল। তেওঁ মন্ত্ৰীসভাৰ সদস্য সংখ্যা ১৩ জনৰ পৰা ১১ জনলৈ হ্ৰাস কৰিছিল। তেওঁ মাথোন ৩ জন হিন্দু মন্ত্ৰী নিয়োগ কৰিছিল, সেই তিনিজনৰ আকৌ দুজন আছিল তপচিলী সম্প্ৰদায়ৰইয়াৰ ফলত বর্ণ হিন্দুসকল ভীষণ অসন্তুষ্ট হৈ পৰিছিল। ১৯৪৭ চনৰ মাৰ্চ-এপ্ৰিল মাহত কংগ্ৰেছ আৰু হিন্দু মহাসভাৰ নেতৃবৃন্দ বাংলা বিভাজনৰ পক্ষে শক্তিশালী আন্দোলন গঢ়ি তোলে। বঙ্গীয় প্রাদেশিক কংগ্ৰেছৰ মাজত এই বিষয় লৈ মতানৈক্য দেখা দিয়ে৷ পশ্চিম বাংলাৰ কংগ্ৰেছী নেতাসকল হিন্দু সংখ্যা গৰিষ্ঠ পূর্ব বাংলাৰ পৰা পৃথক হৈ পৃথক প্ৰদেশ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। পূৰ্ব বাংলাৰ কংগ্ৰেছ নেতৃবৃন্দ এই সিদ্ধান্ত মানি ল'বলৈ মান্তি হোৱা নাছিলআনন্দ বাজাৰ আৰু হিন্দু স্টাণ্ডার্ড পত্রিকা বাংলা বিভাজনৰ পক্ষে আছিল৷ ১৯৪৭ চনৰ এপ্ৰিল মাহত আনন্দ বাজাৰ পত্রিকা এটি জৰিপ প্রতিবেদন প্রকাশ কৰিছিল। ইয়াত বাংলাৰ ৯৮.৬ শতাংশই বাংলা বিভাজনৰ পক্ষে ৰায়দান কৰা বুলি প্ৰকাশ কৰা হৈছিল। দিল্লীৰ আপোচ-মীমাংসাত বাংলা বিভাজনৰ কাৰণে চাপ সৃষ্টি কৰাই এই প্ৰতিবেদনৰ মূল উদ্দেশ্য আছিল ৷ এপ্ৰিল মাহত বঙ্গীয় প্রাদেশিক কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকতো বাংলা বিভাজনৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।

(৯) অখণ্ড বাংলা আন্দোলনৰ ব্যৰ্থতা- মুছলিম লীগ আৰু শৰৎ চন্দ্ৰ বসুৰ নেতৃত্বত কেইজনমান কংগ্ৰেছ সদস্য অখণ্ড যুক্ত বাংলাৰ পক্ষত আছিল। মার্চ-এপ্ৰিল মাহত যুক্ত বাংলাৰ পক্ষে আন্দোলন গঢ়ি উঠিছিল। সোহৰাওয়ার্দিৰ নেতৃত্বত বঙ্গীয় মুছলিম লীগৰ লগতে কেন্দ্রীয় মুছলিম লীগো প্ৰথমে যুক্ত বাংলাৰ পক্ষে সমর্থন প্রদান কৰিছিল। সোহৰাওয়ার্দি এপ্ৰিল মাহত দিল্লীত এক ভাষণত স্বাধীন অখণ্ড বাংলাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু শৰৎ বসুই সেই প্ৰস্তাৱত সমর্থন প্রদান কৰিছিল। তেওঁলোকে এই লক্ষ্যে ২০ মে'ৰ বৈঠকৰ পাছত এটি চুক্তি স্বাক্ষৰ কৰিছিল। এয়া বসু-সোহৰাওয়ার্দি চুক্তি নামে পৰিচিত। কিন্তু কংগ্ৰেছ এই পৰিকল্পনা আৰু চুক্তি প্ৰত্যাখান কৰে। কেন্দ্ৰীয় মুছলিম লীগৰ অধিকাংশ সদস্যই ইয়াৰ বিৰোধিতা কৰিছিল। এনেকি মুছলিম লীগৰ সভাপতি আক্ৰাম খানেও এই প্ৰস্তাৱ সমৰ্থন কৰা নাছিল। বঙ্গীয় মুছলিম লীগ আৰু কেন্দ্ৰীয় লীগে প্ৰস্তাৱটো প্ৰত্যাখান কৰাৰ পাছত এই বিষয়টো বেছিদূৰ অগ্ৰসৰ হোৱা নাছিল ৷

(১০) বিভিন্ন সংগঠনৰ তৎপৰতা- পশ্চিম বাংলাৰ সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে পশ্চিম বাংলাৰ জিলাসমূহ লৈ এটি পৃথক প্রদেশ দাবী কৰাৰ উদ্দেশ্যে ১৯৪৬ চনৰ শেষৰ ফালে বেঙ্গল পার্টিশ্বন লীগ গঠন কৰা হয়বেঙ্গল পার্টিশন লীগ গঠন কৰাৰ পাছত বাংলা বিভাগ দাবী অধিক প্ৰসাৰ লাভ কৰে। পাৰ্টিশন লীগে বহু সদস্য সংগ্ৰহ কৰিছিল। পশ্চিম বংগৰ সংখ্যাগৰিষ্ঠ জিলাৰ হিন্দু ভদ্ৰলোক সকলে পুনৰায় স্বদেশ ভূমিৰ প্ৰভুত পৰিণত হোৱাৰ ইচ্ছা পোষণ কৰি বাংলা বিভক্ত কৰাৰ পক্ষে ৰায়দান কৰিছিল বুলি ঐতিহাসিক জয়া চেটার্জীয়ে উল্লেখ কৰিছে। কলিকতাৰ বিভিন্ন স্বেচ্ছাসেৱক সংগঠন বাংলা বিভাজনৰ পক্ষে অভিযান আৰম্ভ কৰি স্বাক্ষৰ সংগ্ৰহ আৰু প্ৰচাৰপত্ৰ বিতৰণ কৰিছিল ।

(১১) কলিকতাৰ ব্যৱসায়ীসকলৰ তৎপৰতা- সেই সময়ত আর্থিক স্বাৰ্থৰ বিষয়টোও বিবেচনা কৰা হৈছিল। কলিকতা আৰু পল্লী এলেকাৰ বাঙালী ও অবাঙালী ব্যৱসায়ীসকল বাংলা বিভাজনৰ পক্ষে আগবাঢ়ি আহিছিল। বিৰলা, ঈশ্বৰ দাস জালান, ইস্পাহানী, গোৱেঙ্কাসহ বাংলাৰ সকলো লাখপতি ও কোটিপতিসকল উচ্চ পৰ্যায়ৰ কমিটিৰ পক্ষে মতামত আৰু অৰ্থ সাহায্য প্ৰদান কৰি সহায় কৰিছিল ৷ মাড়োয়াৰীসকলে ধাৰণা কৰিছিল, মুছলিম লীগ চৰকাৰৰ অধীনত বাংলাৰ ব্যৱসায় ধ্বংস হৈ গৈছে। সেয়ে বাংলা বিভাগৰ জৰিয়তে তেওঁলোকে শান্তি-সমৃদ্ধি ওভতাই আনিব বিচাৰিছিল। বহু জনসভাত বাৱসায়ীসকলে অংশ গ্ৰহণ কৰিছিল। জি, ডি, বিৰলাই ১৯৪২ চনৰ জুলাই মাহত কৈছিল, ‘মই বাংলা বিভাগৰ পক্ষে। মই ধাৰণা নকৰোঁ যে, যুক্ত বাংলাৰ ধাৰণা অবাস্তৱ আৰু হিন্দুৰ স্বাৰ্থ বিৰুদ্ধ। জয়া চেটার্জীয়ে ধুনীয়াকৈ বৰ্ণনা কৰিছে কলিকতাৰ ব্যবসায়ীসকলৰ মানসিকতা। তেওঁ কৈছে, বাংলাত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত হ'লে সেই চৰকাৰ হ'ব মাড়োয়াৰীসকলৰ পকেট চৰকাৰ। একমাত্র বাংলা বিভাজনৰ জৰিয়তেহে কংগ্ৰেছ ক্ষমতাত অধিষ্ঠিত হ'ব পাৰিব।

(১২) বাংলা বিভাগ চূড়ান্তকৰণ আৰু মুছলিম লীগৰ সন্মতি প্ৰদান- ১৯৪৭ চনৰ জুন মাহত মাউণ্টবেটেনে ভাৰত বিভাগ পৰিকল্পনাৰ আওতাত বাংলা আৰু পাঞ্জাৱ বিভাগৰ ব্যৱস্থা কৰে ৷ কংগ্ৰেছে তাৎক্ষণিকভাবে এই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ জুন মাহত মুছলিম লীগৰ সভাত জিন্নাহই তেওঁৰ জীৱদ্দশাত পাকিস্তান দেখাৰ ইচ্ছা পোষণ কৰি কাউন্সিলাৰসকলৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ প্ৰস্তাৱ সমৰ্থনৰ কাৰণে আহবান জানায়। তেওঁ আৰু কয় যে, আমি ব্ৰিটিছ চৰকাৰৰ প্ৰস্তাৱ সম্পূৰ্ণভাবে (পাঞ্জাৱ আৰু বাংলা বিভাগসহ)মানি ল'ব লাগিব অথবা নাকচ কৰিব লাগিব । পৰিষদৰ ৪৫০ জন সদস্যৰ ভিতৰত মাত্ৰ ১১ জনে চৰকাৰৰ প্ৰস্তাৱৰ বিপক্ষে ভোট প্রদান কৰে। এনেকি সোহাৰওয়ার্দি নিজেও প্ৰস্তাৱৰ বিপক্ষে ভোট প্ৰদান কৰে। ইয়াৰ পাছত যুক্ত বাংলা গঠনৰ সকলো উদ্যোগ ধুলিস্যাৎ হৈ যায় ৷

বাংলাৰ সীমা নিৰ্দ্ধাৰণ- বাংলা আৰু পাঞ্জাৱৰ সীমা নিৰ্ধাৰণৰ কাৰণে ১৯৪৭ চনৰ জুলাই মাহত সীমা নিৰ্দ্ধাৰণৰ কাৰণে লর্ড মাউণ্টবেটেনে কংগ্ৰেছ আৰু মুছলিম লীগৰ চাৰিজনকৈ সদস্য লৈ ছাৰ চিৰিল ৰেডক্লিফৰ সভাপতিত্বত এখন কমিশ্বন নিয়োগ কৰে। মুছলিম লীগ আৰু কংগ্ৰেছৰ লগত আলোচনাৰ পাছত কমিশ্বনৰ চেয়াৰমেন ছাৰ ৰেডক্লিফে বাংলাৰ সীমা ঘোষণা কৰে। এই ঘোষণাত কলিকতা পশ্চিম বাংলাৰ অন্তৰ্ভুক্ত হয়। নদীয়া মুছলিম সংখ্যাগৰিষ্ঠ (৬১ শতাংশ মুছলিম) জিলা হোৱা সত্ত্বেও ইয়াৰ দুই-তৃতীয়াংশ অঞ্চল আৰু সম্পূৰ্ণ মুচিদাবাদ জিলা (৫৬.৬ শতাংশ মুছলমান পশ্চিম বাংলাক প্ৰদান কৰা হয় ৷ মালদহ (৫৭ শতাংশ মুছলমান), নবাব গঞ্জ, শিৱগঞ্জ, নাচোল, গোমস্তাপুৰ আৰু ভোলহাট এই পাঁচটা থানা পূর্ব বাংলাক প্ৰদান কৰা হয়। যশোৰ জিলা বনগাঁও (৫৩ শতাংশ মুছলমান) আৰু নৈহাটা পশ্চিম বাংলাৰ অন্তৰ্ভুক্ত কৰা হয়। খুলনা (৪৯.৩৬ শতাংশ মুছলমান) পূৰ্ব বাংলাৰ অন্তৰ্ভূক্ত হয়। মুছলমান অধ্যুষিত মালদহ, মুর্চিদাবাদ, নদীয়া প্রভৃতি অঞ্চল ভাৰতক প্ৰদান কৰাৰ ক্ষতিপূৰণ স্বৰূপ পাৰ্বত্য চট্টগ্রাম পূর্ব বাংলাৰ অন্তৰ্ভূক্ত কৰা হয়। চিলেট জিলাৰ এটি ডাঙৰ অংশ ৰেফাৰেণ্ডাম (ভোটাৰসকলৰ মতামতৰ বাবে পঠোৱা সভাৰ মীমাংসা অনসৰি)ৰ মাধ্যমত পূর্ব বাংলাৰ অন্তৰ্ভুক্ত কৰা হয়। বাংলাৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্ত অনুসৰি নৱগঠিত পূর্ব বাংলা অবিভক্ত বাংলাৰ মুঠ ৬৩.৮ শতাংশ অঞ্চল আৰু জনসংখ্যাৰ ৬৪.৮৬ শতাংশ পূর্ব বাংলাৰ অন্তৰ্ভূক্ত হয়

               

          বাংলা বিভাজনৰ ফলাফল-

বাংলা বিভাজনৰ বিৰুদ্ধে বাংলাৰ মুছলিম নেতাসকলৰ মাজত প্রতিক্রিয়া দেখা দিয়ে ৷ কাৰণ তেওঁলোকে বাংলাৰ অখণ্ডতা বজায় ৰাখিব বিচাৰিছিল। অৱশ্যে মুছলিম লীগৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ জিন্নাহৰ আগ্ৰহৰ কাৰণে শেষ পর্যন্ত বাঙালী নেতৃবৃন্দ বাংলা বিভাজন মানি ল'বলৈ সন্মত হৈছিল । অৱশেষত সোহাৰওয়ার্দিও শেষ পর্যন্ত তেওঁৰ অখণ্ড বাংলাৰ প্ৰভাৱৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। অৱশ্যে যি আশা-আকাঙ্খা লৈ লীগ নেতৃবৃন্দ পাকিস্তান ৰাষ্ট্ৰ সৃষ্টি বা বাংলা বিভাজন বিচাৰিছিল তেওঁলোকৰ সেই আশা পূৰণ হোৱা নাছিল। ভাৰত বিভাজনৰ ক্ষেত্ৰত মাউণ্টবেটেন যিদৰে কংগ্ৰেছৰ প্রতি পক্ষপাতিত্ব প্ৰদৰ্শন কৰিছে, ঠিক তেনেকৈ বাংলা বিভাগৰ সিদ্ধান্ত তথা বাংলাৰ সীমা লৈ কমিশ্বনৰ চেয়াৰমেন ৰেডক্লিফ কংগ্ৰছৰ প্ৰতি পক্ষপাতিত্ব প্ৰদান কৰিছে বুলি মতপোষণ কৰা হয় । ৰেডক্লিফে আগতেই ২০ জুলাইত কমিশ্বনৰ এখন সভাত লীগ আৰু কংগ্ৰেছ নেতৃবৃন্দৰ উত্থাপিত এটি প্ৰস্তাৱ পাচ কৰাই লৈছিল। প্ৰস্তাৱটোত উল্লেখ কৰা হৈছিল যে, ৰেডক্লিফৰ সিদ্ধান্তই চূড়ান্ত হ'ব আৰু তেওঁৰ সিদ্ধান্তক চেলেঞ্জ কৰিব পৰা নাযাব। ফলত সীমা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কমিশ্বনৰ সদস্যসকলৰ কোনো ক্ষমতাই নাছিল। ৰেডক্লিফৰ ইচ্ছামতে সীমা নিৰ্দ্ধাৰণ কৰাৰ ফলত বাংলা বিভাগৰ ক্ষেত্ৰত বহু সমস্যা দেখা দিছিল। বহু মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল হিন্দু প্রধান ভাৰতৰ অধীনলৈ গৈছিল। মুচিদাবাদ, মালদহ, নদীয়া জিলাত মুছলমানসকলে ১৪ আগস্টত পাকিস্তানৰ পতাকা উৰোৱাই আনন্দ উৎসৱ পালন কৰিছিল। অথচ পাছদিনা তেওঁলোকে জানিব পাৰিছিল যে, তেওঁলোক ভাৰতৰ অধীনলৈ গৈছে ৷ ড০ মোঃ মাহবুবুৰ ৰহমানে যথার্থই কৈছে, — চৰজমিন তদন্ত নকৰি দিল্লীৰ অফিচ কক্ষত বহি মানচিত্ৰৰ ওপৰত সীমা চিহ্নিত কৰাৰ ফলত কোনো কোনো গাঁৱক দ্বিখণ্ডিত কৰি সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল ৷ ক'ৰবাত ক'ৰবাত কোনো এখন ঘৰৰ চোতালৰ মাজেৰে সীমা গৈছিল। কাৰোবাৰ ঘৰৰ দুৱাৰ পৰিছিল পাকিস্তানত আৰু খিড়িকী পৰিছিল ভাৰতত। প্রথমে এই অসম বণ্টনৰ ফলত কিছু ক্ষোভৰ সৃষ্টি হৈছিল যদিও দেশত্যাগ, সম্পদ বণ্টনৰ ফলত সেয়া তল পৰি গৈছিল। বাংলাৰ জনসাধাৰণৰ মনত অসন্তোষ আছিল যদিও দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰি নতুনকৈ জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰিছিল ।

কিন্তু পৰৱৰ্তীকালত পূর্ব বাংলাৰ জনসাধাৰণ আকৌ পাকিস্তানীসকলৰশোষণৰ চিকাৰ হয় আৰু একাত্তৰৰ মুক্তিযুদ্ধৰ মাধ্যমত পূৰ্ববংগৰ বঙালী জাতি স্বাধীন বাংলাদেশ সৃষ্টি কৰে। কিন্তু দেশ বিভাগৰ ফলত যিসকল লোক ভাৰতলৈ প্ৰব্ৰজন কৰি আহিছিল তেওঁলোক এতিয়া ভাৰত চৰকাৰৰ দ্বাৰা নানা ধৰণে শাৰীৰিক মানসিক নিৰ্যাতনৰ চিকাৰ হৈ আছে ৷

মূলতঃ কংগ্ৰেছ আৰু মুছলিম লীগৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ স্বাৰ্থপৰতাৰ কাৰণে ১৯৪৭ চনত বাংলা বিভক্ত হৈছিল। দুই বংগৰ বাঙালী নেতৃবৃন্দৰ যুক্তবাংলা গঠনৰ প্ৰচেষ্টা একমাত্ৰ কংগ্ৰেছ আৰু মুছলিম লীগৰ কিছুসংখ্যক নেতাৰ স্বাৰ্থপৰতাৰ কাৰণে ব্যাহত হৈছিল। পশ্চিম বাংলাসহ ভালেখিনি অঞ্চল ভাৰতৰ অধীনলৈ যোৱাৰ ফলত পশ্চিম বংগৰ সম্পদশালী অঞ্চল দিল্লীৰ শোষণৰ চিকাৰ হোৱাৰ সমান্তৰালভাবে পূর্ব বাংলাৰ লোকসকল পাকিস্তানীসকলৰ শোষণৰ চিকাৰ হৈছিল। ইয়াৰ পৰা এয়া প্রতিপন্ন হয় যে, দেশ বিভাগ একেবাৰেই অযৌক্তিক আছিল । বংগ বিভাজনৰ প্রৱক্তা ড০ শ্যামাপ্রসাদ মুখার্জীয়ে দেশ বিভাজনৰ পৰৱৰ্তীকালত সংঘটিত ঘটনাৰ প্ৰতি লক্ষ্য কৰি কৈছিল, আগতে জনা হ'লে দেশ বিভাজনৰ কাৰণে উদ্যোগ গ্ৰহণ নকৰিলোহেঁতেন ।

লাহোৰ প্ৰস্তাৱ- ভাৰতীয় উপমহাদেশৰ ইতিহাসত লাহোৰ প্ৰস্তাৱ এটি গুৰুত্বপূৰ্ণ ঘটনা। ১৯৪০ চনৰ মাৰ্চ মাহত মুছলিম লীগৰ লাহোৰ অধিৱেশনত ভাৰতৰ উত্ত-পশ্চিম আৰু পূৰ্বাঞ্চলৰ মুছলিম অধ্যুষিত অঞ্চলসমূহত একাধিক ৰাষ্ট্ৰ গঠনৰ কাৰণে এটি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ লাহোৰ প্ৰস্তাৱৰ মূল প্রতিপাদ্য বিষয় আছিল মুছলমানসকলৰ অধিকাৰ প্ৰতিষ্ঠা আৰু স্বায়ত্ব শাসন। প্ৰকৃতাৰ্থত এই দাবীৰ সূত্ৰপাত হৈছিল উনৈছ শতিকাত । যিবোৰ কাৰণ আৰু অৱস্থাৰ পৰিপ্ৰেক্ষিতত ১৯৪০ চনৰ ২৩ মাৰ্চত মুছলিম লীগৰ লাহোৰ অধিৱেশনত মুছলমানসকলৰ কাৰণে পৃথক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সেয়া তলত উল্লেখ কৰা হ'ল-

(১) ছাৰ ছৈয়দ আহম্মদৰ ভূমিকা- ঊনবিংশ শতিকাৰ শেষৰ ফালে ছাৰ ছৈয়দ আহম্মদ খান ভাৰতীয় ৰাজনীতিত মুছলিম বিচ্ছিন্নতাবাদৰ বীজ বপন কৰিছিল। তেওঁ প্ৰথমে ঘোষণা কৰিছিল যে, ভাৰতত দুটি ভিন্ন জাতি বাস কৰে। সম্প্রদায় ভিত্তিক জাতীয়তাবাদৰ উত্থান তাৰ পৰাই আৰম্ভ হৈছিল। তেওঁ হিন্দু প্রভাৱিত কংগ্ৰেছত মুছলমানসকলক যোগদান কৰিবলৈ নিষেধ কৰিছিল । ছাৰ ছৈয়দ আহম্মদ খান ভাৰতীয় বাস্তৱবাদী, ইছলামিক সংস্কাৰবাদী আৰু ব্ৰিটিছ ভাৰতৰ দাৰ্শনিক আছিল ৷ তেওঁ প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী আছিল আৰু প্ৰথমাৱস্থাত হিন্দু-মুছলিম ঐক্য সুদৃঢ়ভাবে সমর্থন কৰিছিল। তেওঁ মুছলিমসকলক হিন্দুৰ লগত হাত মিলাবলৈ জোৰ দিছিল। ১৮৮০ ৰ দহকত তেওঁ পূৰ্বৰ মত পৰিৱৰ্তন কৰি ঘোষণা কৰিছিল যে, হিন্দু আৰু মুছলমানৰ ৰাজনৈতিক স্বাৰ্থ ভিন্ন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে তেওঁ ইউনাইটেড ইণ্ডিয়ান পেট্রিঅটিক এচোছিয়েশ্বন' গঠন কৰিছিল। কংগ্ৰেছৰ পৰৱৰ্তী কাৰ্যকলাপলৈ লক্ষ্য কৰিলে, তেওঁৰ পৰামৰ্শ যথাৰ্থ আছিল যেন ধাৰণা হয় ৷ কাৰণ প্ৰথমাৱস্থাত কংগ্ৰেছে দেশ বিভাজনৰ বিপক্ষে অৱস্থান গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত দেশ বিভাজনৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিছিল ।

(২) ব্ৰিটিছ চৰকাৰৰ ভূমিকা- ১৯০৬ চনত মুছলিম লীগ প্রতিষ্ঠিত হোৱাৰ পাছৰ পৰা মুছলমানসকলে নিজক পৃথক জাতি হিচাপে ভাবিবলৈ আৰম্ভ কৰিছিল। ১৯০৯ চনত মর্লি-মিন্টো সংস্কাৰ আইন, মুছলমানৰ কাৰণে সম্প্ৰদায়ৰ ভিত্তিত প্রতিনিধি নিৰ্বাচনৰ অধিকাৰ প্ৰদান কৰিছিল ১৯০৯ চনত ইংল্যাণ্ডৰ হাউচ অফ লর্ডচত লর্ড মলিয়ে ঘোষণা কৰিছিল যে, ভাৰতীয় মুছলমানসকল মাথোন এটি পৃথক ধৰ্ম অনুসৰণ নকৰে, সামাজিক আচৰণ আৰু জীৱনযাত্ৰাৰ ফালৰ পৰাও তেওঁলোক এটি পৃথক জাতিৰ সমতুল্য।

(৩) লক্ষ্ণৌ চুক্তি আৰু জিন্নাহৰ চৌদ্দ দফা- প্রথম বিশ্বযুদ্ধৰ সময়ত আৰু পাছৰ পৰ্যায়তো মুছলমানসকলে পৃথক নির্বাচন দাবী কৰিছিল। লক্ষ্ণৌচুক্তি (১৯১৬), জিন্নাহৰ চৌদ্দ দফা (১৯২৯) দাবীত ইয়াৰ প্ৰতিফলন ঘটিছিল। প্রথম বিশ্বযুদ্ধৰ পাছত মুছলিম উলেমাসকল ৰাজনীতিত প্ৰৱেশ কৰে আৰু তেওঁলোকে মুছলমানসকলৰ বিচ্ছিন্নতাবাদক জোৰদাৰ কৰি তোলে ৷

(৪) নেহৰু প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া- ব্ৰিটিছ ভাৰতৰ শাসনতান্ত্রিক বিধানৰ অগ্ৰগতিৰ ইতিহাসত নেহৰু ৰিপোৰ্ট এক গুৰুত্বপূৰ্ণ দলিল ৷ সকলো ৰাজনৈতিক দল আৰু সম্প্ৰদায়ৰ প্ৰতিনিধিক লৈ ব্ৰিটিছ ভাৰতৰ সাংবিধানিক সমস্যা সমাধানৰ কাৰণে ১৯২৮ চনত নেহৰু কমিটি গঠন কৰা হৈছিল। উক্ত কমিটিয়ে লক্ষ্ণৌ চুক্তিত মুছলমানসকলৰ স্বাৰ্থ সংৰক্ষণৰ কাৰণে গৃহীত ব্যৱস্থাদি অস্বীকাৰ কৰাৰ কাৰণে চুপাৰিছ কৰিছিল। নেহৰু ৰিপোৰ্টৰ চুপাৰিছ্‌ বিবেচনাৰ কাৰণে কলিকতাত সৰ্বদলীয় বৈঠক আহবান কৰা হৈছিল। এই অধিৱেশনত মুছলিম লীগ আৰু খিলাফত কমিটিৰ দাবী বিবেচনাৰ কাৰণে চাব-কমিটি গঠন কৰা হৈছিল। কিন্তু নেহৰু কমিটিৰ ওপৰত ভিত্তি কৰি মুছলিম লীগৰ মুছলমানসকলৰ স্বাৰ্থ সম্বলিত প্ৰস্তাৱ চাব-কমিটি কর্তৃক অগ্রাহ্য কৰা হৈছিল। ফলত ভাৰতীয় মুছলিম নেতাসকলৰ মাজত ৰাজনৈতিক দৃষ্টিভঙ্গী আৰু চিন্তাধাৰা পৰিৱৰ্তন হয়। তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল যে, হিন্দু আৰু মুছলমানৰ মাজত ঐক্য প্রতিষ্ঠা ও ঐক্যৱদ্ধ ভাৰতত মুছলমানসকলৰ স্বাৰ্থ সংৰক্ষণ কৰা

সম্ভৱ নহয় ৷

(৫)হিন্দু জাতীয়তাবাদৰ প্ৰভাৱ-উপমহাদেশৰ ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বিষবাষ্প অধিক ঘনীভূত হৈ উঠিছিল, যেতিয়া কংগ্ৰেছ সভাপতি পণ্ডিত জৱাহৰলাল নেহৰই মন্তব্য মন্তব্য কৰিছিল যে, ভাৰতত দুটি শক্তিৰ প্ৰভাৱ লক্ষণীয়, এটি চৰকাৰ আৰু আনটো কংগ্ৰেছ দল। বেলেগ কোনো দলৰ অস্তিত্ব নেহৰু আৰু মহাত্মা গান্ধীসহ কংগ্ৰেছ নেতবৃন্দই স্বীকাৰ কৰিবলৈ অসন্মত আছিল। তেওঁলোকৰ এই মনোভাৱে মুছলিম নেতাসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। যিজন জিন্নাহ ইমান দিন হিন্দু-মুছলমানৰ মিলনৰ প্ৰৱক্তা আছিল, তেৱোঁ ইয়াৰ ফলত ব্যথিত হৈছিল। বাস্তৱ প্রেক্ষাপট প্রত্যক্ষ কৰি মুছলিম নেতবৃন্দৰ বহুতে ভাবিবলৈ বাধ্য হৈছিল যে, ব্ৰিটিছসকল গুচি গ'লে হিন্দু সম্প্রদায়ে ভাৰত শাসন কৰিব। ইফালে হিন্দুসকলে মুছলমানসকলক প্রতিপক্ষ বিচাপে বিবেচনা কৰে। ফলত মুছলমানসকলৰ কাৰণে পৃথক এটি অংশ প্রতিষ্ঠিত কৰাৰ ইচ্ছা পৰোক্ষভাৱে তেওঁলোকৰো আছিল ৷ এই সম্পৰ্কত হিন্দু জাতীয়তাবাদী নেতা চৰ্দাৰ বল্লভ ভাই পেটেলৰ মন্তব্য সম্পর্কে মুছলমান সম্প্ৰদায়ৰ অন্যতম শীর্ষস্থানীয় নেতা মওলানা আবুল কালম আজাদে তেওঁৰ ‘India wins freedom' গ্ৰন্থত লিখিছে-I was surprised and pained when patel in reply said that whether we liked it or not there were two nations in India?'

(৬) ঘূৰণীয়া মেজমেলৰ ব্যৰ্থতা- ভাৰতীয় উপমহাদেশৰ জনগণৰ মাজত চৰম উত্তেজনা প্রশমন আৰু হিন্দু-মুছলমানৰ সমস্যা সমাধানৰ কাৰণে লণ্ডনত ব্ৰিটিছ চৰকাৰে ভাৰতীয় বিভিন্ন দল, সম্প্রদায় আৰু দেশীয় ৰাজ্যৰ প্ৰতিনিধিসকলক লৈ ১৯৩৯ চনত ঘূৰণীয়া মেজ মেল আয়োজন কৰিছিল ৷ কংগ্ৰেছ নেতৃবৃন্দৰ জেদৰ ফলত সম্প্রদায়গত স্বার্থ সংৰক্ষণৰ কাৰণে আইন সভাৰ প্ৰতিনিধিত্বৰ প্ৰশ্নত ঘূৰণীয়া মেজমেল ব্যৰ্থ হৈছিল। কংগ্ৰেছ কর্তৃক মুছলমানসকলৰ ন্যূনতম দাবী মানি নোলোৱাৰ কাৰণে কংগ্ৰেছ সম্পর্কে মুছলিম লীগৰ মনোভাৱ ও দৃষ্টিভঙ্গী পৰিৱৰ্তন হয় আৰু লগে লগে মুছলিম লীগ পৃথক আৱাসভূমি প্ৰতিষ্ঠাৰ পক্ষপাতী হৈ পৰে

(৭) মুছলিম চিন্তাবিদৰ চিন্তাধাৰা- লাহোৰ প্ৰস্তাৱত যি স্বাধীন মুছলিম আৱাসভূমিৰ দাবী কৰা হৈছিল, তেনেকুৱা এটি প্ৰস্তাৱ ১৯৩০ চনত মহাকবি আল্লামা ইকবালে এলাহাবাদত তেওঁৰ এটি ভাষণত উল্লেখ কৰিছিল। তেওঁ ইছলাম ধৰ্মৰ ভিত্তিত মুছলিম জাতীয়তাবাদ গঢ়ি তোলাৰ কাৰণে আহবান জনাইছিল। এই উদ্দেশ্যে উত্তৰ-পশ্চিম ভাৰতত মুছলমান অধ্যুষিত অঞ্চল লৈ সম্প্ৰদায়ৰ ভিত্তিত ৰাষ্ট্ৰ গঠনৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছিল। ইয়াৰ তিনি বছৰ পাছত ১৯৩৩ চনত কেমব্ৰিছ বিশ্বাবিদ্যায়ৰ ছাত্ৰ চৌধুৰী ৰহমত আলীয়ে ভাৰতৰ উত্তৰ-পশ্চিমাঞ্চলৰ সংখ্যাগৰিষ্ঠ অঞ্চলৰ কাৰণে পাকিস্তান' নামৰ উল্লেখ কৰিছিল। ১৯৩৫ চনৰ জুলাই মাহত পুনৰ এই দাবী উত্থাপন কৰা হয় ৷ আলীগড় বিশ্ববিদ্যালয়ৰ ছৈয়দ জাকৰুল ইছলাম আৰু আফজাল হোছেইন কাদৰীৰ পৰা উত্তৰ ভাৰত, বাংলা আৰু হিন্দুস্থান এই তিনিখন ৰাষ্ট্ৰ গঠনৰ কাৰণে প্ৰস্তাৱ আহে ৷ এইবোৰ পৰিকল্পনাৰ পৰা হিন্দু-মুছলমান প্রশ্নত তিনি প্ৰকাৰ সমাধান প্ৰস্তাৱ আহে । কিন্তু তেতিয়ালৈকে অসাম্প্রাদয়িক মনোবৃত্তিৰ নেতা মহম্মদ আলী জিন্নাহ মুছলমানৰ কাৰণে পৃথক কোনো ৰাষ্ট্ৰৰ কথা ভৱা নাছিল ৷ পাছত কংগ্ৰেছৰ দম্ভোক্তিয়ে তেওঁক আহত কৰিছিল আৰু পাকিস্তান দাবী কৰিবলৈ লৈছিল ।

(৮) ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ কাৰ্যকাৰিতা- ১৯৩৫ চনত প্ৰৱৰ্তিত ভাৰত শাসন আইন ভাৰতীয় জনগণৰ আশা-আকাঙ্খা পূৰণত ব্যৰ্থ হৈছিল। ফলত কংগ্ৰেছ আৰু মুছলিম লীগ উভয় দলেই ইয়াৰ বিৰোধিতা কৰাত এই আইন সম্পূর্ণভাৱে বাস্তৱায়িত হ'ব পৰা নাছিল। এই আইন মাথোন প্রদেশবোৰত কাৰ্যকৰী কৰা হৈছিল। এই আইন ৰূপায়নত মুছলিম লীগে উল্লেখযোগ্য সাফল্য অর্জন কৰিলেও আইন সভাত এককভাৱে মন্ত্রীসভা গঠনত ব্যৰ্থ হৈছিল। ইয়াৰ ফলত মুছলিম লীগ বাধ্য হৈ কংগ্ৰেছৰ লগত যৌথভাৱে মন্ত্ৰীসভা গঠনৰ প্ৰস্তাৱ দিছিল আৰু সেয়া কংগ্ৰেছে প্ৰত্যাখান কৰিছিল ৷ মাথোন বাংলা আৰু পাঞ্জাৱ প্ৰদেশত মুছলিম লীগৰ নেতৃত্বত নেতৃত্বত মন্ত্ৰীসভা গঠন কৰা হৈছিল ৷ ভাৰতৰ বিভিন্ন প্রাদেশিক নির্বাচনত অধিকাংশ প্রদেশতে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল ৷ কিন্তু মুছলিম লীগৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰাকৈ কংগ্ৰেছে মুছলিম সংখ্যা গৰিষ্ঠ প্রদেশসমূহত মন্ত্রীসভা গঠন কৰে ৷ মন্ত্ৰীসভা গঠনৰ পাছতেই আইন-আদালতত কংগ্ৰেছৰ দলীয় পতাকা উত্তোলন আৰু বন্দে মাতৰম গীত গোৱাৰ ব্যৱস্থা কৰে ৷ কংগ্ৰেছ শাসনামলত বিভিন্ন প্রদেশত সাম্প্রদায়িক উত্তেজনা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰে। ফলত মুছলিমসকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। এনেকি মুছলমানৰ ধৰ্মীয় কামত পর্যন্ত বাধা প্রদানৰ দৰে ঘটনা সংঘটিত হয়। কংগ্ৰেছৰ এনেকুৱা শাসন ব্যৱস্থাই স্মৰণ কৰাই দিয়ে যে, হিন্দু-মুছলমানৰ সহাৱস্থান সুখকৰ নহ'ব ।

(৯) ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা লাভ আৰু মুছলিম স্বাৰ্থ বিৰোধী নীতি গ্রহণ- ১৯৩৫ চনত প্ৰৱৰ্তিত ভাৰত শাসন আইন অনুসৰি ১৯৩৭ চনত নিৰ্বাচন অনুষ্ঠিত হ'লে তাত কংগ্ৰেছ অধিকাংশ প্রদেশতে সংখ্যা গৰিষ্ঠতা লাভ কৰে। মুছলিম লীগ বাংলা আৰু পাঞ্জাৱত উল্লেখযোগ্য আসন লাভ কৰে আৰু সৰ্বদলীয় মন্ত্রীসভা গঠন কৰে। মাদ্রাজ, যুক্ত প্রদেশ, সীমান্ত প্ৰদেশ, বোম্বাই আৰু অসমত কংগ্ৰছে সংখ্যা গৰষ্ঠিতা লাভ কৰি মুছলিম লীগৰ লগত আলোচনা নকৰাকৈ এককভাৱে মন্ত্রীসভা গঠন কৰে। ইয়াৰ উপৰিও ক্ষমতা গ্ৰহণ কৰি অফিচ-আদালতত কংগ্ৰেছৰ দলীয় পতাকা উত্তোলন, বিদ্যা মন্দিৰ শিক্ষা ব্যৱস্থা প্ৰচলন, শিক্ষা প্রতিষ্ঠানত বন্দে মাতৰমজাতীয় সঙ্গীত হিচাপে গ্ৰহণ আৰু ৰাষ্ট্রভাষা হিচাপে হিন্দী প্ৰচলন কৰে। এই সময়ত স্বার্থান্বেষী মহল কর্তৃক প্ৰচাৰ মাধ্যমত প্রকাশিত হয় যে, ভাৰতত হিন্দুৰাজ প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে। জিন্নাহ নিজেও কংগ্ৰেছ শাসনক হিন্দু শাসনৰ নামান্তৰ বুলি ঘোষণা কৰে আৰু মন্তব্য কৰে যে, কংগ্ৰেছ জাতীয়তাবাদৰ মুখা পিন্ধি ভাৰতত হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ । জিন্নাহই এই সময়ত আৰু ঘোষণা কৰে যে, সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ শাসনত ভাৰতীয় মুছলিমৰ কোনো বৌদ্ধিক অগ্রগতি সম্ভৱ নহয়। এই সময়ত সাম্প্রদায়িক সংঘর্ষ দেখা দিয়ে। ফলত সাম্প্রদায়িক সংকট সৃষ্টি হয়। এইবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত লীগ নেতৃবৃন্দৰ মাজত যিসকল প্রগতিশীল আছিল তেওঁলোকেও অখণ্ড ভাৰতৰ আদৰ্শৰ পৰা দূৰলৈ আঁতৰি যায় ৷

(১০) জিন্নাহৰ দ্বিজাতি তত্ত্ব ঘোষণা-১৯৪০ চনৰ ২২-২৩ মাৰ্চত লাহোৰত মুছলিম লীগৰ ২৭ তম অধিৱেশন অনুষ্ঠিত হয়। ভাৰতৰ ভৱিষ্যত শাসনতান্ত্ৰিক পৰিকল্পনা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত চৰকাৰৰ যুদ্ধনীতিৰ প্ৰতি মুছলিম লীগৰ নীতি নিৰ্দ্ধাৰণৰ কাৰণে অধিৱেশন আহবান কৰা হৈছিল ৷ মুছলিম লীগ সভাপতি মহম্মদ আলী জিন্নাহই ২২ মাৰ্চত তেওঁ সভাপতিৰ ভাষণত দ্বিজাতি তত্ত্ব ঘোষণা কৰে। দ্বিজাতি ৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যাখ্যা আগবঢ়াই তেওঁ কয় যে, ভাৰতৰ সমস্যা আন্তঃসাম্প্ৰদায়িক ধৰণৰ নহয়, দৃশ্যতঃ এই সমস্যা হ'ল আন্তর্জাতিক। আমালোকৰ সন্মুখত একমাত্র উন্মুক্ত পথ হ', প্রধান জাতিসমূহৰ কাৰণে স্বতন্ত্র মাতৃভূমি গঠনত সহায়তা কৰি ভাৰতক দুখন স্বশাসিত জাতীয় ৰাষ্ট্ৰত বিভক্ত কৰা। তেওঁ আৰু কয় যে, ভাৰতত হিন্দু আৰু মুছলমান কেতিয়াও এটি জাতি নাছিল । তেওঁলোক পৃথক দুটি জাতি । কাৰণ হিচাপে তেওঁ হিন্দু আৰু মুছলমানৰ ধর্মীয় দৃষ্টিভঙ্গী, সামাজিক প্ৰথা আৰু সাহিত্য সম্পূৰ্ণ ভিন্ন ধৰণৰ ঐতিহাসিক সূত্ৰৰ পৰা আহৰণ কৰা বুলি মন্তব্য কৰে। তেওঁলোক(হিন্দুসকল)ৰ মহাকাব্য, জাতীয় বীৰ, ঐতিহাসিক জয়-পৰাজয়ৰ কাহিনী সম্পূৰ্ণ ভিন্ন ধৰণৰ। সেই কাৰণে তেওঁ উল্লেখ কৰে, ‘ক্ৰমবৰ্দ্ধমান ধূমায়িত বিক্ষোভ, ৰাষ্ট্ৰ চৰকাৰ যি কাঠামো নিৰ্মাণ কৰিছে, সংখ্যালঘু এই দুটা জাতিক এখন ৰাষ্ট্ৰত একত্ৰিত কৰি ৰাখিলে, শেষলৈকে তাক ধ্বংস কৰা হ'ব । কাৰণ হিচাপে তেওঁ আৰু কয়, যি সংবিধান হিন্দু সংখ্যাগৰিষ্ঠ চৰকাৰে প্ৰণয়ন কৰিব সেই সংবিধানক ভাৰতৰ মুছলমানসকলে কেতিয়াও মানি ল'ব নোৱাৰিব। তেওঁ হিন্দু প্রধান চৰকাৰৰ গণতান্ত্ৰিক ব্যৱস্থাক হিন্দু ৰাজ্য' বুলি বৰ্ণনা কৰে। অধিৱেশনত প্রদত্ত ভাষণত জিন্নাহই দৃঢ়ভাৱে ঘোষণা কৰে যে, জাতি সম্পর্কিত যিকোনো সংজ্ঞাত মুছলমানসকল এটি জাতি । তেওঁলোকৰ স্বদেশ, ভূখণ্ড আৰু তেওঁলোকৰ ৰাষ্ট্ৰ অৱশ্যই থাকিব। ধর্মভিত্তিক জাতিতত্ত্বক প্রয়োগ কৰি তেওঁ মুছলমানসকলৰ কাৰণে স্বতন্ত্ৰ মাতৃভূমি তথা ৰাষ্ট্ৰ দাবী কৰে ।

দ্বিজাতি তত্ত্ব প্ৰকাশৰ বিৰুদ্ধে কংগ্ৰেছ, হিন্দু ৰাজনীতিবিদ আৰু বুদ্ধিজীৱীসকল সৰৱ হৈ উঠে। অৱশ্যে জিন্নাহৰ দ্বিজাতি তত্ত্বৰ পাছত কোনো বৈজ্ঞানিক ভিত্তি নাছিল ৷ সৰল চট্টোপাধ্যায়ে এই সম্পর্কে কয়, ‘ইছলাম ধৰ্মৰ ভিত্তিত ভাৰতীয় মুছলমানক কেতিয়াও এটি স্বতন্ত্ৰ জাতি ক'ব পৰা নাযায় ৷ ভাৰতত বসবাসৰত মুছলমানসকলৰ ভাষা, ভৌগোলিক সীমা বা অঞ্চল আৰু সংস্কৃতি পশ্চিমাঞ্চলৰ মুছলমানৰ লগত কোনো সাদৃশ্য নাই। উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পাঠান আৰু বঙালী মুছলমানসকলৰ মাজত একমাত্ৰ ধৰ্মৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰত মিল নাই' সেয়ে তেওঁ ভাৱে, ধর্মভিত্তিক দ্বিজাতি তত্ত্বৰ দাবী আঞ্চলিক আৰু বিভেদমূলক ৷

অৱশ্যে দ্বিজাতি তত্ত্ব সম্পর্কে যিমানেই সমালোচনা কৰা নহওক কিয়, ইয়াৰ পাছত জিন্নাহৰ এক গভীৰ ৰাজনৈতিক উদ্দেশ্য আছিল। অখণ্ড ভাৰতত হিন্দু আধিপত্যৰ স্থানত ভাৰত বিভক্ত আৰু মুছলমানসকলক একে পতাকাৰ তলত ঐক্যৱদ্ধ কৰি বেলেগ ৰাষ্ট্ৰ প্ৰতিষ্ঠা ইয়াৰ প্ৰধান লক্ষ্য আছিল ৷ জিন্নাহৰ দ্বিজাতি তত্ত্বৰ ঘোষণা ভাৰতৰ মুছলমানসকলৰ চেতনা মূলত অগ্নি স্ফুলিঙ জ্বলাই তোলে আৰু তেওঁলোকৰ মনত বেলেগ আৱাসভূমি বা স্বাধীনতাৰ সপোন জগাই তোলে। ফলত পাকিস্তান আন্দোলন প্রায় অপ্ৰতিৰোধ্য হৈ উঠে।

 

         লাহোৰ প্ৰভাৱৰ ধাৰা (বৈশিষ্ট্য)

লাহোৰ প্ৰস্তাৱ উপস্থাপনৰ আগদিনা এ, কে, ফজলুল হকক শেৰে বাংলাবা বাংলাৰ বাঘ' উপাধি প্ৰদান কৰা হয় । ১৯৪০ চনৰ ২৩ মাৰ্চত মুছলিম লীগৰ অধিৱেশনত বাংলাৰ মুখ্যমন্ত্রী এ, কে, ফজলুল হকে লাহোৰ প্ৰস্তাৱ উপস্থাপন কৰে আৰু প্ৰস্তাৱটো সমৰ্থন কৰে মুছলিম লীগ নেতা চৌধুৰী খালিকুজ্জামানে। লাহোৰ প্ৰস্তাৱত কোৱা হয়- নিখিল পাকিস্তান মুছলিম লীগৰ এই অধিৱেশনত সুনিশ্চিত অভিমত এই যে, কোনো শাসনতান্ত্রিক পৰিকল্পনা কাৰ্যকৰী কৰা নহ'ব বা সেয়া মুছলমানসকলৰ ওচৰত গ্ৰহণযোগ্য নহ'ব যদি সেয়া নিন্মলিখিত মূলনীতি ভিত্তিক নহয়। যেনে- প্রয়োজনবোধে সীমাৰ পুনর্বিন্যাস সাধন কৰি আৰু ভৌগোলিক দিশৰ ফালৰ পৰা পৰস্পৰ নিকটৱৰ্তী সংখ্যাগৰিষ্ঠ মুছলিম অধ্যুষিত অঞ্চসমূহৰ সমন্বয় সাধন কৰি যেনে - ভাৰতৰ উত্তৰ-পশ্চিম আৰু পূৰ্বাঞ্চলৰ অঞ্চলসমূহক একত্ৰিত কৰি একাধিক স্বাধীন ৰাষ্ট্ৰত পৰিণত কৰা হ'ব আৰু এইবোৰৰ অংগ ৰাজ্যসমূহ স্বায়ত্বশাসিত আৰু সাৰ্বভৌম হ'ব।

এই প্ৰস্তাৱত আৰু উল্লেখ কৰা হয় যে, এইবোৰ ৰাজ্যত সংখ্যালঘুসকলৰ ধৰ্মীয়, ৰাজনৈতিক, অৰ্থনৈতিক আৰু শাসন সংক্রান্ত অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে ভাৰতৰ ভৱিষ্যত সংবিধানত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব।যত মুছলমানসকল সংখ্যালঘু তাত মুছলমানসকলৰ ধৰ্মীয়, সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক, প্রশাসনিক আৰু অন্যান্য অধিকাৰ ও স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকৰ পৰামৰ্শ অনুসৰি সংবিধানত পৰ্যাপ্ত ৰক্ষা কৱচ ৰখা হ'ব ।

প্ৰস্তাৱটো বিশ্লেষণ কৰিলে তলত প্রদত্ত বিষয়সমূহ পোৱা যায়-

(১) ভৌগোলিক দিশৰ পৰা সংলগ্ন অঞ্চসমূহক প্রয়োজনীয় ৰদ-বদলৰ মাধ্যমত পৃথক অঞ্চল হিচাপে চিহ্নিত কৰা হ'ব ৷

(২) এইসমূহ অঞ্চলৰ ভৌগোলিক সীমা প্রয়োজন অনুসৰি পৰিৱৰ্তন কৰি ভাৰতবৰ্ষৰ উত্তৰ- পশ্চিম আৰু পূৰ্বাঞ্চলৰ যিসমূহ স্থানত মুছলমানসকল সংখ্যাগৰিষ্ঠ, তাত স্বাধীন ৰাষ্ট্ৰসমূহ’ (Inde- pendent states) প্রতিষ্ঠা কৰিব লাগিব ।

(৩) এইসমূহ স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ অঙ্গৰাজ্যসমূহ হ'ব স্বায়ত্বশাসিত ৷

(৪) ভাৰতৰ আৰু নৱগঠিত মুছলিম ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্রদায়সমূহৰ লগত পৰামৰ্শক্রমে তেওঁলোকৰ সাংস্কৃতিক, শাসনতান্ত্রিক আৰু অন্যান্য অধিকাৰ আৰু স্বার্থ সংৰক্ষণৰ কাৰণে কাৰ্যকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

(৫) দেশৰ ভৱিষ্যত যিকোনো শাসনতান্ত্ৰিক পৰিকল্পনাত উক্ত বিষয়সমূহক মৌলিক নীতি হিচাপে গ্ৰহণ কৰিব লাগিব ৷

                  লাহোৰ প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া-

(১) কংগ্ৰেছৰ প্ৰতিক্ৰিয়া- কংগ্ৰেছ আৰু হিন্দু নেতৃবৃন্দৰ মাজত লাহোৰ প্ৰভাৱৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া দেখা দিছিলি। এই প্ৰস্তাৱৰ সমালোচনা কৰি মহাত্মা গান্ধীয়ে কয়, ‘ যদি আমি জিন্নাহৰ অভিমত গ্ৰহণ কৰোঁ, তেনেহ'লে বাংলাদেশ আৰু পাঞ্জাৱৰ মুছলমানসকল দুটা স্বতন্ত্ৰ আৰু পৃথক জাতি হৈ পৰিব।' মহাত্মা গান্ধীয়ে ভাৰত বিভাগক পাপ কাম' হিচাপে মন্তব্য কৰে। তেওঁ এই ধৰণৰ আত্মহননৰ কামৰ পৰা বিৰত থাকিবলৈ আবেদন জনায়। কংগ্ৰেছ সভাপতি জওহৰলাল নেহৰু মুছলমানৰ কাৰণে স্বতন্ত্ৰ আৰু স্বাধীন আৱাসভূমি গঠনক অবান্তৰ বুলি মন্তব্য কৰে। তেওঁ আৰু কয়, লাহোৰ প্ৰস্তাৱ গ্ৰহণ কৰি মুছলিম লীগে ভাৰতত ইউৰোপৰ বলকান অঞ্চলৰ দৰে ৰাষ্ট্ৰ স্থাপনৰ দাবী কৰিছে । কংগ্ৰেছে ধাৰণা কৰে যে, মুছলিম লীগৰ পাকিস্তান দাবী এক অদ্ভুত আৰু কৃত্ৰিম দাবী। কংগ্ৰেছ নেতাসকলে ধাৰণা কৰে, ক্ষমতাৰ মোহ আৰু কংগ্ৰেছৰ ওপৰত প্ৰতিশোধ নিয়াৰ কাৰণে জিন্নাহই পাকিস্তান দাবী উত্থাপন কৰিছে। হিন্দু আৰু মুছলমান উভয়ে এক জাতিভুক্তিৰ নিদৰ্শন স্বৰূপ কংগ্ৰেছে মওলানা আবুল কালাম আজাদক ১৯৪০-৪৫ চন পর্যন্ত কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰে। কলিকতাৰ হিন্দু পত্রিকাসমূহে লাহোৰ প্ৰস্তাৱৰ তীব্ৰ সমালোচনা কৰে আৰু ইয়াক পাকিস্তান প্রস্তাৱনামে অভিহিত কৰে। হিন্দু নেতৃবৃন্দই মতপোষণ কৰে, বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হ'লে সেয়া তেওঁলোকৰ স্বাৰ্থৰ পৰিপন্থী হ'ব।

(২) ভাৰতীয় মুছলমানৰ প্ৰতিক্ৰিয়া- ভাৰতীয় মুছলমানৰ মাজত লাহোৰ প্ৰস্তাৱ সম্পৰ্কে মিশ্ৰ প্রতিক্রিয়া আছিল। কংগ্ৰেছ সভাপতি মওলানা আবুল কালাম আজাদ ইয়াৰ ঘোৰ বিৰোধী আছিল । মওলানা আজাদে কৈছিল-মই এজন ভাৰতীয় হিচাপে গর্বিত । মই ভাৰতীয় জাতীয়তাবাদৰ অবিচ্ছেদ্য অংগ। আমি কি পছন্দ কৰোঁ, কি নকৰোঁ, সেয়া ডাঙৰ কথা নহয়, আমি এতিয়া ঐক্যৱদ্ধ ভাৰতীয় জাতিত পৰিণত হৈছোঁ। আমাক পৃথক আৰু বিভক্ত কৰাৰ কাৰণে কোনো দেৱাল অথবা কৃত্রিম পৰিকল্পনাই এই ঐক্যক ভাঙিব নোৱাৰিব ৷

লাহোৰ প্ৰস্তাৱৰ বিৰোধীসকলে দিল্লীত সৰ্বভাৰতীয় স্বাধীন মুছলিম কনফাৰেন্স' সংগঠন গঠন কৰে। সিন্ধু প্রদেশত কংগ্ৰেছৰ সমৰ্থনত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত বাহাদুৰ আল্লাহ বক্সক ইয়াৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। সন্মিলনৰ নামকৰণ কৰা হয় আজাদ মুছলিম সন্মিলন'মুছলিম লীগৰ প্ৰস্তাৱিত ভাৰত বিভাজনক কনফাৰেন্সে প্রত্যাখান কৰে আৰু মুছলিম লীগ যে ভাৰতীয় মুছলমানসকলৰ প্রতিনিধিত্বকাৰী দল আজাদ মুছলিম কনফাৰেন্সে লীগৰ এই দাবীক খণ্ডন কৰে। মওলানা হোসেন আহমদ মাদানীৰ নেতৃত্বত জামিয়াতুল উলামা-ই-হিন্দে লাহোৰ প্ৰস্তাৱৰ বিৰোধিতা কৰে। পাকিস্তান এখন ইছলামিক ৰাষ্ট্ৰ হ', তেওঁ এই মতবাদৰ সমালোচনা কৰে। তেওঁৰ মতে, ইয়াৰ উদ্যোক্তাসকলৰ কোনেও শৰিয়ত নামানে। তেনেহ'লে এওঁলোকৰ জৰিয়তে কেনেকৈ ইছলাম কায়েম হব! অৱশ্যে বিৰোধিতাকাৰীসকল আছিল মুছলমানৰ এক ক্ষুদ্র অংশ । তেতিয়া ভাৰতৰ অধিকাংশ মুছলমানৰ মাজত পাকিস্তান প্ৰতিষ্ঠাৰ দাবী জনপ্রিয়তা লাভ কৰিছিল ।

মওলানা আজাদৰ মন্তব্যত পাকিস্তান দাবীৰ প্ৰৱক্তাসকল ক্ষুব্ধ হয়। চৌধুৰী খালিকুজ্জামান, , কে, ফজলুল হক, মওলানা জাফৰ আলী, ছাৰ আবদুল্ল্যাহ হাৰুন, নবাব মহম্মদ ইছমাইল খানে ইয়াৰ সমালোচনা কৰে ৷ মওলানা আজাদৰ কথাক মুছলমানৰ কথা নহয় বুলি তেওঁলোকে উল্লেখ কৰে আৰু জিন্নাহৰ মনোভাৱক ভাৰতীয় মুছলমানৰ মনোভাৱ বুলি উল্লেখ কৰে ৷

(৩) বাংলাৰ মুছলমানৰ মাজত প্ৰতিক্ৰিয়া- লাহোৰ প্ৰস্তাৱ অনুসৰি প্ৰাদেশিক স্বায়ত্ব শাসন আৰু পৃথক বাংলা ৰাষ্ট্ৰ সত্ত্বাৰ সম্ভাৱনা দেখা দিয়াত এ,কে,ফজলুল হকে ধাৰণা কৰে যে, বাংলাৰ শাসন ক্ষমতা বঙালী মুছলমানৰ হাতলৈ আহিব আৰু এই ক্ষমতা তেওঁলোকে নিজে ভোগ কৰিব পাৰিব । শাসন ক্ষমতা কোনো কেন্দ্ৰীয় কৰ্তৃত্বৰ হাতত তুলি দিব নালাগিব। সোহৰাওয়ার্দিয়ে ধাৰণা কৰে, ইয়াৰ ফলত প্রত্যেক প্রদেশতে প্ৰদেশৰ উপযোগী শাসনতন্ত্র প্রণয়ন কৰিব পাৰিব আৰু প্ৰদেশসমূহ সার্বভৌম ক্ষমতাৰ অধিকাৰী হ'ব। তেওঁ আৰু কয়, মুছলিম লীগৰ জৰিয়তে বাংলাৰ মুছলমানসকলে তেওঁলোকৰ স্বাধীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিলে, মুছলিম লীগৰ প্ৰতি মুছলমানসকলে আস্থা হেৰুৱাই পেলাব৷ বাংলাৰ মুছলিম লীগৰ নেতৃবৃন্দৰ এনেকুৱা আশা-আকাঙ্খা সত্ত্বেও লাহোৰ প্ৰস্তাৱৰ লগত দ্বিজাতি তত্ত্ব যোগ কৰি পাকিস্তান প্ৰতিষ্ঠাৰ দাবী উত্থাপন কৰাত ফজলুল হকে মুছলিম লীগৰ এই প্ৰস্তাৱ সমৰ্থন কৰা নাছিল। কাৰণ লাহোৰ প্ৰস্তাৱত দ্বিজাতি তত্ত্ব বা পাকিস্তান শব্দৰ উল্লেখ নাছিল। অৱশ্যে শেষ পর্যন্ত অবাঙালী নেতৃবৃন্দৰ তৎপৰতাত লাহোৰ প্ৰস্তাৱ দ্রুত পাকিস্তান প্ৰস্তাৱ হিচাপে পৰিচিতি লাভ কৰে। ইয়াৰ ফলত মুছলিম লীগৰ অবাঙালী নেতৃবৃন্দৰ লগত বাঙালী নেতৃবৃন্দৰ দ্বন্দ্ব প্ৰকট হৈ উঠে। অৱশ্যে ভাৰতীয় উপমহাদেশত কংগ্ৰেছৰ একাধিপত্য অৱসানৰ লক্ষ্যত মুছলমনাসকলে লাহোৰ প্ৰস্তাৱৰ ভিত্তিত পাকিস্তান ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ দাবীক সমৰ্থন কৰে। বাংলাৰ শিক্ষিত মুছলমান আৰু ছাত্ৰ সমাজৰ মাজতো অভূতপূর্ব উৎসাহ উদ্দীপনা দেখা দিয়ে ৷

(৪)ব্ৰিটিছ চৰকাৰৰ প্ৰতিক্ৰিয়া- ব্ৰিটিছ চৰকাৰ দ্বিতীয় বিশ্বযুদ্ধত সাঙোৰ খাই পৰাৰ কাৰণে ভাৰতৰ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ সমৰ্থন লাভৰ কাৰণে আগ্রহী আছিল। লাহোৰ প্ৰস্তাৱ উত্থাপনৰ পাছত ভাৰত সচিবে মন্তব্য কৰে যে, ইংলেণ্ডৰ কোনো পার্লামেণ্ট বা চৰকাৰ ভাৰতৰ মুছলমানসকলৰ ইচ্ছাৰ বিৰুদ্ধে কোনো শাসনতন্ত্র চপাই দিব বুলি তেওঁ বিশ্বাস নকৰে ৷ চৰকাৰৰ এই জাতীয় আশ্বাসত মুছলিম লীগ নেতৃবৃন্দ আশ্বস্ত হয় । পাকিস্তান আন্দোলন আৰম্ভ হ'লে ভাৰতৰ বিভিন্ন স্থানত মাৰাত্মক সাম্প্রদায়িক সংঘর্ষ সংঘটিত হয়। ফলত লাহোৰ প্ৰস্তাৱক আৰু অধিক গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ লয়। ইয়াৰ ফলত ব্ৰিটিছ চৰকাৰ উপলব্ধি কৰিব পাৰে যে, ভাৰতীয় মুছলমান তথা মুছলিম লীগৰ সন্মতি অবিহনে ভাৰতবৰ্ষত শাসনতান্ত্রিক কোনো সিদ্ধান্ত লোৱা সম্ভৱ নহয়৷ লাহোৰ প্ৰস্তাৱৰ বিৰোধিতাকাৰী কংগ্ৰেছ লাহে লাহে ইয়াৰ গুৰুত্ব উপলব্ধি কৰিব পাৰে আৰু অৱশেষত পাকিস্তান প্ৰস্তাৱ মানি লয়। শেষত ব্ৰিটিছ চৰকাৰো চূড়ান্তভাৱে উপলব্ধিকৰিব পাৰে যে, লীগৰ প্ৰস্তাৱ অনুসৰি ভাৰত ভাগ নকৰা হ'লে ভাৰতৰ শাসনতান্ত্রিক সমস্যা সমাধানৰ বিকল্প পথ নাই। সেয়ে ব্ৰিটিছ চৰকাৰ অখণ্ড ভাৰতবৰ্ষৰ পৰিৱৰ্তে ১৯৪৭ চনত ভাৰত বিভাজনৰ সিদ্ধান্ত লয় ৷

লাহোৰ প্ৰস্তাৱ প্ৰকৃততে পাকিস্তান প্ৰস্তাৱ আছিল নেকি?

মূল লাহোৰ প্ৰস্তাৱত ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম আৰু পূৰ্বাঞ্চলৰ মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলসমূহক লৈ একাধিক স্বাধীন ৰাষ্ট্ৰ গঠনৰ কথাকোৱা হৈছিল। এই প্ৰস্তাৱৰ ক'তো মুছলিম ৰাষ্ট্ৰ বা পাকিস্তান শব্দৰ উল্লখ নাছিল । কিন্তু এই প্ৰস্তাৱ গ্ৰহণৰ পাছদিনা কংগ্ৰেছ প্ৰভাৱাধীন পত্র-পত্রিকাসমূহত পাকিস্তান প্ৰস্তাৱ' শিৰোনামত লীগৰ দাবীসমূহ প্ৰকাশ কৰে। গ্রেট ব্রিটেনৰ পত্র-পত্রিকাসমূহতো পৰৱৰ্তী পৰ্যায়ত লাহোৰ প্ৰস্তাৱক পাকিস্তান প্রস্তাৱ নামে অভিহিত কৰে। ইয়াৰ ফলত কংগ্ৰেছ নেতৃবৃন্দৰ মাজত লাহোৰ প্ৰস্তাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিয়ে। কংগ্ৰেছ সমর্থিত পত্র-পত্রিকাসমূহে মূলতঃ সমালোচনাসূচক অর্থে লাহোৰ প্ৰভাৱক পাকিস্তান প্ৰস্তাৱ' নামে অভিহিত কৰিছিল। কাৰণ মুছলিম লীগ নেতৃবৃন্দ অখণ্ড ভাৰতীয় জাতীয়তাবাদত বিশ্বাসী আছিল ।

১৯৪৩ চনৰ এপ্ৰিল মাহত মুছলিম লীগৰ দিল্লীত অনুষ্ঠিত অধিৱেশনত সভাপতিৰ ভাষণত মহম্মদ আলী জিন্নাহই কৈছিল, পাকিস্তান শব্দটো মুছলিম লীগৰ উদ্ভাৱিত নহয়। তেওঁ কৈছিল যে, আটাযে জানে, পাকিস্তান শব্দটো কিছু হিন্দু আৰু ব্ৰিটিছ পত্রিকা কর্তৃক তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছে। অৱশ্যে সেয়া পাকিস্তান নামেই অধিক জনপ্রিয়তা লাভ কৰিছে ৷

১৯৪৩ চন পর্যন্ত জিন্নাহই লাহোৰ প্ৰস্তাৱ বুজাবলৈ একাধিক ৰাষ্ট্ৰৰ কথা উল্লেখ কৰিছে। ইয়াৰ পাছৰপৰা তেওঁ কংগ্ৰেছৰ লীগ বিৰোধী মনোভাৱৰ কাৰণে পাকিস্তান শব্দটো এখন ৰাষ্ট্ৰৰ অৰ্থত ব্যৱহাৰ কৰিবলৈ লয়। ১৯৪৪ চনৰ চেপ্তেম্বৰ মাহত জিন্নাহ আৰু মহাত্মা গান্ধীৰ মাজত যি চিঠি বিনিময় হয়, তাত জিন্নাহই প্ৰথম প্ৰকাশ কৰে যে, মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলসমূহক লৈ এখন মুছলিম ৰাষ্ট্ৰ গঠন কৰা হ'ব। দুই অঞ্চলৰ প্ৰদেশসমূহ সাৰ্বভৌম হ'ব নে, নহয় সেয়া তেওঁ গান্ধীৰ ওচৰত জানিব বিচাৰে। উত্তৰত মহাত্মা গান্ধীয়ে. জনায় যে, প্রদেশসমূহ সার্বভৌম নহ'ব। এইসমূহ পাকিস্তানৰ ইউনিটহে হ'ব। তেওঁ আৰু ব্যাখ্যা কৰি কয় যে, সিন্ধু, বেলুচিস্তান, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, পূৰ্ব বাংলা আৰু অসমৰ প্ৰয়োজনীয় ভৌগোলিক সাল-সলনি কৰি ইয়াৰ সমন্বয়ত পাকিস্তান গঠিত হ'ব। জিন্নাহই ১৯৪৫ চনৰ ৮ নভেম্বৰত এছোচিয়েট প্ৰেছ অফ আমেৰিকাৰ প্ৰতিনিধিক জিন্নাহই জনায় যে, পাকিস্তান এখন যুক্তৰাষ্ট্ৰ হ'ব আৰু প্ৰদেশসমূহ স্বায়ত্ব শাসনৰ অধিকাৰী হ'ব। আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে পাকিস্তানত যুক্তৰাষ্ট্ৰীয় শাসনতন্ত্র হ'ব। মুদ্রা, জাতীয় প্ৰতিৰক্ষা আৰু অন্যান্য বিষয়ৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰা হ'ব ।

১৯৪৬ চনত মূল লাহোৰ প্ৰস্তাৱ সংশোধন কৰি স্টেটচ' শব্দৰ পৰিৱৰ্তে স্টেট' শব্দ ব্যৱহাৰ কৰিবলৈ লয় আৰু লাহোৰ প্ৰস্তাৱ এখন ৰাষ্ট্ৰৰ অৰ্থত ব্যৱহাৰ কৰি জিন্নাহই লাহোৰ প্ৰস্তাৱৰ মূলগত ধাৰণাক পৰিৱৰ্তন কৰি প্ৰচলন কৰে। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত দলীয় কোনো নিয়মতান্ত্রিক সমর্থন নাছিল, তেনেকৈ ইয়াৰ কোনো নৈতিক ভিত্তিও নাছিল। তথাপি এই প্ৰস্তাৱক সন্মুখত ৰাখিয়ে ভাৰতৰ মুছলিম জনগণে মুছলিম জাতীয়তাবাদত উজ্জীৱিত হৈ উঠে আৰু ইয়াৰ ফলস্বৰূপ ১৯৪৭ চনৰ ১৪ আগষ্টত ভাৰতবৰ্ষ বিভক্ত হয়। (বাংলাদেশৰ ইতিহাস- ১৯০৫-১৯৭১, লেখক-ড০ আবু মোঃ দেলোয়াৰ হোসেন )

 

 কেনেকৈ অঙ্কুৰিত হৈছিল ভাৰত বিভাজনৰ বীজ-

মওলানা আবুল কালাম আজাদে তেওঁৰ ইণ্ডিয়া উইনচ ফ্রিডম' গ্ৰন্থত চিত্তৰঞ্জন দাশৰ বিষয়ে লিখিবলৈ গৈ লিখিছে- অসহযোগ আন্দোলনৰ অসাধাৰণ শক্তিধৰ কেইজনমান ব্যক্তিত্বৰ মাজত অন্যতম আছিল চিত্তৰঞ্জন দাশ। ভাৰতবৰ্ষৰ জাতীয় সংগ্ৰামৰ ইতিহাসত তেওঁ এক অনন্য মর্যদাৰ অধিকাৰী আছিল। তেওঁৰ দৃষ্টি আছিল সুদূৰপ্ৰসাৰী আৰু ধ্যান ধাৰণা আছিল অত্যন্ত উদাৰ। লগতে আছিল এক বাস্তৱধৰ্মী মন । যাৰদ্বাৰা প্ৰতিটো বিষয়কে তেওঁ বাস্তৱতাৰ আলোকত বিবেচনা কৰিছিল । নিজৰ ধ্যান- ধাৰণাক নির্দ্বিধায় ব্যক্ত কৰাৰ সৎ সাহস আছিল তেওঁৰ। তেওঁ যিটোক সত্য বুলি ভাবিছিল, তাৰ কাৰণে যিকোনো পৰিস্থিতি বৰণ কৰি নিয়াৰ বাবে প্ৰস্তুত থাকিছিল। মই তেওঁৰ দ্বাৰা বিপুলভাবে প্ৰভাৱিত হৈছিলো ।'

চিত্তৰঞ্জন দাশগুপ্তৰ যোগ্যতা সম্পৰ্কে মওলানা আজাদে লিখিছে- মিঃ দাশ আছিল বাস্তৱবাদী মনৰ মানুহ৷ ৰাজনৈতিক সমস্যাদি সম্পৰ্কে তেওঁৰ চিন্তাধাৰা এনেকুৱা আছিল যে, যি কথা কোৱা হ', সেয়া যেন সঙ্গত আৰু বাস্তৱমুখী হয়। তেওঁৰ সুচিন্তিত অভিমত আছিল যে, আলাপ-আলোচনাৰ মাধ্যমত যদি ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰিব বিচাৰে, তেনেহ'লে এই লক্ষ্য আমালোকে ক্রমে ক্রমে অৰ্জন কৰিব লাগিব। বিষয়টো যেতিয়া আবেদন-নিবেদনৰ পৰ্যায়ত আহি থিয় দিছে, তাত হঠাৎ পূর্ণ স্বাধীনতা লাভৰ আশা কৰাটো হ'ব বাতুলতা মাত্র । তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে, প্রথমে আমালোকে স্বায়ত্বশাসন লাভ কৰিব লাগিব । তেওঁ আশ্বস্ত আছিল যে, সীমিত ক্ষমতাও যদি আমাৰ হাতলৈ আহে, তেনেহ'লে সেয়া স্বাধীনতা অৰ্জনৰ বাটত এখোজ আগুৱাই যোৱা হ'ব আৰু এনেকৈয়ে এটা সময়ত ভাৰতবাসীৰ অধিকতৰ দায়িত্ব পালনৰ যোগ্যতা গঢ়ি উঠিব। মিঃ দাস যে, কিমান দূৰদৃষ্টি সম্পন্ন আছিল, সেয়া তেওঁৰ মৃত্যু(১৬ জুন, ১৯২৫)ৰ দহ বছৰ পাছতেই তেওঁৰ বৰ্ণিত পন্থাতেই ভাৰত শাসন আইন(১৯৩৫) প্ৰৱৰ্তনৰ মাজেৰে ফুটি উঠিছে।

মিঃ দাশৰ উদাৰতা- স্বৰাজ দল(অর্থাৎ আইন পৰিষদত যোগদানৰ পক্ষপাতী কংগ্ৰেছ) কেন্দ্ৰীয় আৰু প্ৰাদেশিক পৰিষদৰ নিৰ্বাচনত বিৰাট সাফল্য অৰ্জন কৰে। স্বৰাজ দলৰ সুস্পষ্ট বিজয় আছিল এয়ে যে, স্বতন্ত্ৰ নিৰ্বাচনৰ কাৰণে যিসমূহ আসন মাথোন মুছলমান প্ৰাৰ্থীৰ বাবে নিৰ্দিষ্ট আছিল, সেইসমূহৰ অধিকাংশও স্বৰাজ দলৰ হস্তগত হৈছিল । মিঃ দাশৰ বাস্তৱবাদী নীতিৰ কাৰণেই সেয়া সম্ভৱ হৈছিল । মিঃ দাশ বাংলাৰ মুছলমানৰ সমূহ আশঙ্কা দূৰ কৰি তেওঁলোকৰ নেতা হৈছিল। তেওঁ যিদৰে বাংলাৰ সাম্প্রদায়িক সমস্যা সমাধান কৰিছিল সেয়া পাহৰাৰ কথা নহয়

বাংলাত মুছলমানসকলেই আছিল সংখ্যাগৰিষ্ঠ; কিন্তু নানা কাৰণত তেওঁলোক ৰাজনীতি আৰু শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিল। তেওঁলোকৰ সংখ্যা শতকৰা পঞ্চাছৰ অধিক থকা সত্ত্বেও তেওঁলোকে বৰ বেছি শতকৰা ত্ৰিছ ভাগ চৰকাৰী চাকৰি ভোগ কৰিছিল। মিঃ দাশ আছিল অত্যন্ত বাস্তৱবাদী ব্যক্তিত্বৰ অধিকাৰী। তেওঁ অনুভৱ কৰে যে, যিমান দিনলৈকে মুছলমানসকলৰ অৰ্থনৈতিক ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰা নহ', সিমান দিনলৈকে তেওঁলোকে উৎসাহ উদ্দীপনা সহকাৰে কংগ্ৰেছত যোগদান আশা কৰাটো হ'ব বাতুলতা মাত্র। সেয়ে মিঃ দাশ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা প্ৰদান কৰে। তেওঁৰ এই ঘোষণা মাথোন বাংলাকেই নহয়, সমগ্ৰ ভাৰতবৰ্ষকেই বিপুলভাবে প্ৰভাৱিত কৰে। তেওঁৰ এই ঘোষণাত তেওঁ কয় যে, বাংলাত কংগ্ৰেছ ক্ষমতালৈ আহিলে, সংখ্যানুপাতিক কোটা পূৰ্ণ নোহোৱালৈকে নতুন চাকৰি প্ৰদানৰ সময়ত শতকৰা ষাঠি ভাগ চকৰি মুছলমানসকলক প্ৰদান কৰা হ'ব। কলিকতা কৰ্পৰেশ্বনৰ ক্ষেত্ৰত তেওঁ আৰু এক ধাপ আগুৱাই, উপৰোক্ত নীতি অনুসৰি নতুন চাকৰিৰ শতকৰা আশী ভাগ মুছলমানৰ কাৰণে নিৰ্ধাৰিত কৰি দিয়ে। তেওঁ কয়, যিমান দিনলৈকে চাকৰিৰ ক্ষেত্ৰত আৰু গণতান্ত্ৰিক ক্ষেত্ৰসমূহত মুছলমানসকলে তেওঁলোকৰ ন্যায্য অধিকাৰ নাপাব, সিমান দিনলৈকে বাংলাত গণতন্ত্ৰ আহিব নোৱাৰে। এবাৰ যদি (হিন্দু-মুছলমানৰ মাজত বিৰাজমান ) বৈষম্যৰ প্ৰতিকাৰ কৰিব পৰা যায়, তেনেহ'লে মুছলমানসকলে অন্যান্য জাতিৰ লগত প্ৰতিযোগিতা কৰিবলৈ সক্ষম হ'ব আৰু তেতিয়া তেওঁলোকৰ কাৰণে কোনো বিশেষ ব্যৱস্থা অৱলম্বনৰ প্ৰয়োজন অৱশিষ্ট নাথাকিব ।

মিঃ দাশৰ এই ঘোষণা বাংলা কংগ্ৰেছৰ ভিত্তি মূলত জোকাৰণি তোলে ৷ বহু কংগ্ৰেছী নেতা ক্ষিপ্রভাৱে তেওঁৰ এই প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু তেঁওলোকে মিঃ দাশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি দিয়ে । তেওঁৰ বিৰুদ্ধে সুবিধাবাদিতাৰ অভিযোগ অনা হয়, এনেকি মুছলমানৰ অন্ধ পক্ষপাতী বুলিও অভিহিত কৰা হয়। কিন্তু তেওঁ শিলৰ দৰে অবিচল হৈ আছিল। তেওঁ প্ৰদেশব্যাপী ভ্ৰমণ কৰে আৰু তেওঁৰ দৃষ্টিভঙ্গী ব্যাখ্যা কৰি জনগণক বুজাবলৈ চেষ্টা কৰে। তেওঁৰ এই মনোভাৱ বাংলাৰ আৰু বাংলাৰ বাহিৰৰ মুছলমানৰ অন্তৰত বিপুলভাৱে জোকাৰণি তোলে।

আজাদে কৈছে-, মোৰ দৃঢ় বিশ্বাস মিঃ দাশৰ অকাল মৃত্যু নহ'লে তেওঁ দেশত এক নতুন পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হ'লহেঁতেন। অতি পৰিতাপৰ বিষয় যে, তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ অনুসাৰীসকলৰ বহুতেই তেওঁক ভ্রান্ত প্ৰতিপন্ন কৰে আৰু তেওঁৰ ঘোষণাক (কার্যকলাপ দ্বাৰা) নাকচ কৰে। ফলত বাংলাৰ মুছলমানসকল কংগ্ৰেছৰপৰা আঁতৰি যায় আৰু দেশ বিভাগৰ বীজ এনেকৈয়ে অঙ্কুৰিত হয় ৷

 

                      দিল্লীৰ গণহত্যা-

দেশ বিভাজনৰ পাছত সমগ্র দেশব্যাপী আনন্দৰ বন্যা বৈ গৈছিল। আনন্দত অধীৰ হৈ জনগণ ৰাজপথলৈ ওলাই আহিছিল । ভীৰ ইমানেই অধিক হৈছিল যে, ভীৰৰ চাপত মাউণ্টবেটেন বাহিৰলৈ ওলাই আহিব নোৱাৰি মটৰত বহিয়ে বক্তৃতা দিবলৈ বাধ্য হৈছিল। কিন্তু এই বিজয় উৎসৱ স্থায়ী হৈছিল মাথোন দুদিনহে।

নীৰদ চৌধুৰীয়ে তেওঁৰ আমাৰ দেশ, আমাৰ শতক' নামৰ গ্ৰন্থত বাংলা লিখিছে- দুদিন পাছতেই আৰম্ভ হৈছিল সাম্প্ৰদায়িক সংঘর্ষ। পাঞ্জাৱত শিখ আৰু হিন্দুসসকলে মুছলমানসকলৰ ওপৰত আক্ৰমণ চলালে। গাঁৱৰ পাছত গাঁৱত অগ্নি সংযোগ কৰিবলৈ ধৰিলে, নিৰপৰাধী নাৰী-পুৰুষ, শিশু-বৃদ্ধ-যুৱাক হত্যা কৰিবলৈ ধৰিলে। প্ৰতিক্ৰিয়া হিচাপে পশ্চিম পাঞ্জাৱতো মুছলমানসকলে একে হত্যা ও অগ্নি সংযোগৰ তাণ্ডৱ চলালে। পশ্চিম পাঞ্জাৱৰ পৰা ভাৰতলৈ অগণন শৰণাৰ্থীৰ সোঁত ববলৈ ধৰিলে। পশ্চিম পাঞ্জাৱৰ পৰা অহা অমুছলমান শৰণাৰ্থীৰ ব্যথা-বেদনাৰ কাহিনীয়ে দিল্লীৰ বাতাৱৰণ উত্তপ্ত কৰি তুলিলে। উত্তেজিত সংঘৰ্ষকাৰীসকলে দলে দলে সংঘৱদ্ধভাবে মুছলমানৰ ওপৰত আক্ৰমণ চলালে। খাচ দিল্লী চহৰতো বাদেই দিল্লীৰ উপকণ্ঠ অঞ্চল কাৰুলবাগ, লুধি কলনি, সবুজমণ্ডি আৰু সদৰ বজাৰ প্রভৃতি এলেকাত ধন-জনৰ নিৰাপত্তা বুলিবলৈ একো নাছিল। চলিছিল হত্যা, ধর্ষণ, লুটতৰাজৰ তাণ্ডৱ ৷ মুছলমানসকলক বলপূর্বকভাবে ঘৰৰ পৰা উলিয়াই আনি হত্যা কৰা হৈছিল । বহু মুছলমানক বলপূর্বকভাবে সিদ্ধ কৰি অমুছলমান কৰা হৈছিল। অপহৃতা হৈছিল অলেখ জীয়াৰী- বোৱাৰী। পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ পৰা ১৮০০০ আৰু পাকিস্তানৰ পৰা ১৭০০০ (হাজাৰ) জীয়াৰী- বোৱাৰী উদ্ধাৰ কৰা হৈছিল বুলি জনা যায়৷

জৱাহৰলাল নেহৰুৱে নিজে মহাত্মা গান্ধীৰ ওচৰত আক্ষেপ প্ৰকাশ কৰি কৈছিল- দিল্লীৰ দুৰৱস্থা এতিয়া অসহনীয় হৈ উঠিছে। মুছলমানসকলক কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰা হৈছে। .......তেওঁ মুছলমানসকলক ৰক্ষা কৰিবপৰা নাই। পেটেল তেতিয়া স্বৰাষ্ট্রমন্ত্ৰী ৰ দায়িত্বত আছিল। তেওঁ কিন্তু এই সংঘৰ্ষক সাধাৰণ বিক্ষিপ্ত ঘটনা বুলি মহাত্মা গান্ধীৰ ওচৰত প্ৰকাশ কৰিছিল ৷ '

মওলানা আবুল কালাম আজাদে তেওঁৰ ইণ্ডিয়া উইনচ ফ্রিডম' গ্ৰন্থত দিল্লীৰ গণহত্যা সম্পর্কে লিখিছে- দিল্লীত তেতিয়া পাইকাৰী হাৰে মুছলমানক হত্যা কৰা হৈছে। হত্যা, ৰাহাজানিত সামৰিক বাহিনীৰ লোকজন আৰু স্পেশাল মেজিষ্ট্ৰেটসকলে অংশ গ্ৰহণ কৰিছে।

মহাত্মা গান্ধী এই সময়ত চৰম মানসিক অশান্তিৰ মাজত অতিবাহিত কৰিছিল আৰু হিন্দু-মুছলিম সম্পৰ্কৰ উন্নতি আৰু ধন-জন ৰক্ষাৰ কাৰণে আপ্রাণ চেষ্টা চলাই গৈছিল। তেওঁৰ প্ৰচেষ্টা ফলৱতী হোৱা নাই প্ৰত্যক্ষ কৰি তেওঁ খুবেই ব্যথিত হৈছিল। তেওঁ প্ৰায়েই জওহৰলাল নেহৰু, চৰ্দাৰ পেটেল আৰু মোক মাতি পঠাইছিল আৰু আমাক দিল্লীৰ পৰিস্থিতি সম্পর্কে সুধিছিল। তেওঁ যেতিয়া লক্ষ্য কৰিছিল যে, আমালোকে যেতিয়া এই ক্ষেত্ৰত ইমান বেছি মতানৈক্য পোষণ কৰোঁ যে, দিল্লীৰ গণ্ডগোল সম্পৰ্কে বিৱৰণ এক ধৰণৰ নহয়. তেতিয়া তেওঁৰ মনোকষ্ট আৰু বৃদ্ধি পাইছিল ।

এফালে আছিল চৰ্দাৰ পেটেল আৰু আনফালে জওহৰলাল নেহৰু আৰু ম‍ই। স্থানীয় প্ৰশাসনৰ ওপৰতো ইয়াৰ কু-প্ৰভাৱ পৰিছিল। এই কথা স্পষ্ট হৈ উঠিছিল যে, দিল্লীত শাসকসকলো দুই দলত বিভক্ত হৈ পৰিছিল ৷ তাৰ ডাঙৰ দলটো স্বৰাষ্ট্ৰ মন্ত্ৰী চৰ্দাক পেটেলৰ ইঙ্গিতত নাচিছিল আৰু তেওঁলোকে তেওঁক (পেটেলক) সন্তুষ্ট ৰাখিবলৈ ব্যস্ত আছিল। এটি ক্ষুদ্র দল জওহৰলাল নেহৰু আৰু মোৰ পক্ষত আছিল- তেওঁলোকে জওহৰলাল নেহৰুৰ আদেশ পালন কৰিছিল।

দিল্লীৰ চীফ কমিচনাৰ আছিল খুৰশিদ আহমদ নামক এজন মুছলমান ৷ তেওঁ চাহেবজাদা আফতাব আহমদৰ পুত্ৰ । তেওঁ সিমান কঠিন অফিছাৰ নাছিল ৷ মোৰ ভয় হৈছিল, (তেওঁ)কোনো গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰিলে পাছত যদি মুছলমানসকলৰ পক্ষে পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয়। কিন্তু তেওঁ নামমাত্র প্রশাসনিক কর্তৃপক্ষ হৈ আছিল আৰু সকলো কাম ডেপুটি কমিচনাৰে তেওঁৰ ইচ্ছামতে পৰিচালনা কৰিছিল ।

ডেপুটি কমিচনাৰ আছিল এজন শিখ। শিখসকলৰ ৰীতি-নীতি তেওঁ মানি চলা নাছিল। তেওঁ চুলি- দাঢ়ি মুণ্ডন কৰিছিল। শিখসকলে তেওঁক এজন ধর্মত্যাগী লোক বুলি ভাবিছিল। দেশ বিভাগৰ পূৰ্ব পর্যন্ত তেওঁ দিল্লীৰ ডেপুটি কমিচনাৰ হিচাপে কাম কৰিছিল । তেওঁৰ বিষয়ে এনেকুৱা প্ৰস্তাৱ বিবেচনা কৰা হৈছিল যে, যেহেতু তেওঁৰ চাকৰিৰ মেয়াদ পূৰ্ণ হৈ গৈছে, সেয়ে তেওঁক পাঞ্জাৱৰ নিজৰ ঘৰলৈ পঠিয়াই দিয়াই সমীচিন হ'ব। কিন্তু দিল্লীৰ নেতৃস্থানীয় নাগৰিকসকলৰ বহুতে, বিশেষকৈ মুছলমানসকলৰ এটি বিৰাট দলে এই প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যক্ত কৰে। তেওঁলোকৰ ধাৰণা মতে, এই শিখ ভদ্রলোকজন আছিল খোলা মনৰ আৰু বলিষ্ঠ চৰিত্ৰৰ অধিকাৰী। এনেকুৱা স্পৰ্শকাতৰ পৰিস্থিতিত তেওঁৰ দৰে এজন বলিষ্ঠ ডেপুটি কমিচনাৰ পোৱা কঠিন হ'ব।

ফলত তেওঁক স্ব-পদত বাহাল ৰখা হ'ল । কিন্তু সাম্প্রদায়িক দাঙ্গা-হাঙ্গামাৰ সময়ত এই ব্যক্তিজনে তেওঁৰ পূৰ্বৰ ভূমিকা অক্ষুণ্ণ ৰাখিব পৰা নাছিল। মই অহৰহ সংবাদ পাইছিলো যে, দাঙ্গাকাৰীসকলৰ বিৰুদ্ধে এই ব্যক্তিজনে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। যিসকল মুছলমানে মাথোন এক বছৰ আগত তেওঁক দিল্লীৰ পৰা আঁতৰ নকৰাৰ কাৰণে দাবী উত্থাপন কৰিছিল, এইবাৰ তেওঁলোকেই মোৰ ওচৰলৈ আহি অভিযোগ কৰে, যে এই ব্যক্তিজনে মুছলমানসকলক ৰক্ষাৰ কাৰণে কোনো আগ্রহ প্ৰকাশ কৰা নাই। এই প্রতিবেদন চৰ্দাৰ পেটেলৰ ওচৰলৈও প্ৰেৰণ কৰা হৈছিল; কিন্তু তেওঁ তাত ক্ৰক্ষেপ কৰা নাছিল ।

চৰ্দাৰ পেটেল তেতিয়া স্বৰাষ্ট্ৰ মন্ত্ৰী আছিল। সেয়ে দিল্লীৰ প্রশাসনিক ব্যৱস্থা পোনপটীয়াভাবে তেওঁৰ অধীনত আছিল। হত্যা আৰু ধ্বংসলীলা যেতিয়া ব্যাপক আকাৰ ধাৰণ কৰে, তেতিয়া গান্ধীজীয়ে পেটেলক মাতি আনি হত্যা আৰু ধ্বংস-লীলা বন্ধৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই বিষয়ে প্রশ্ন কৰে। চৰ্দাৰ পেটেলে তেতিয়া তেওঁক নিশ্চয়তা প্ৰদান কৰি কয় যে, যিবোৰ সংবাদ তেওঁৰ ওচৰত আহিছে, সেয়া অতিৰঞ্জিত আৰু ভুল। তেওঁ এনেকৈও ক'লে যে, মুছলমানসকলে অভিযোগ কৰাৰ দৰে ভীত হোৱাৰ কোনো কাৰণ নাই। মোৰ খুব ভালদৰেই স্মৰণ আছে যে, আমি তিনিজন জওহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল) এবাৰ মহাত্মা গান্ধীৰ ওচৰত বহি আছিলো। জওহৰলাল নেহৰু অত্যন্ত বেদনামিশ্রিত কণ্ঠত ক'লে, দিল্লীৰ দুৰৱস্থা এতিয়া অসহনীয় হৈ উঠিছে। মুছলমানসকলক কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰা হৈছে। তেওঁৰ এই কথা কোৱাও লজ্জা হয় যে, তেওঁ নিৰুপায় আৰু মুছলমানসকলক ৰক্ষা কৰিব নোৱাৰিব। বিবেকৰ দংশনত তেওঁ স্বস্তিৰ নিঃশ্বাস পেলাব পৰা নাই ৷ এইবোৰ মর্মভেদি ঘটনাৰ ৰিপোৰ্ট লৈ যেতিয়া মানুহ তেওঁৰ ওচৰলৈ আহে, তেতিয়া তেওঁ তাৰ কি উত্তৰ দিয়ে ?

জওহৰলালৰ বিবেকৰ তাড়না- জওহৰলাল নেহেৰুই বেছ কেবাবাৰো কথাটোৰ পুনৰাবৃত্তি কৰে যে, পৰিস্থিতি এতিয়া অসহনীয় হৈ উঠিছে। তেওঁৰ বিবেকে তেওঁক স্বস্তিৰ নিঃশ্বাস পেলাব দিয়া নাই ৷

নিৰ্বিকাৰ পেটেল- জওহৰলাল নেহৰুৰ এইবোৰ কথাৰ উত্তৰত চৰ্দাৰ পেটেলৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰি আমিতো অবাক! দিল্লীৰ ৰাজপথত যেতিয়া প্রকাশ্য দিবালোকত মুছলমানসকলক হত্যা কৰা হৈছিল, ঠিক তেতিয়া চৰ্দাৰ পেটেল অত্যন্ত নিৰ্বিকাৰভাবে গান্ধীজীক ক'লে, জওহৰলালৰ এইবোৰ অভিযোগ তেওঁৰ ওচৰত নিতান্তই অবোধগম্য। দুই চাৰিটা বিক্ষিপ্ত ঘটনা হয়তো ঘটিব পাৰে। কিন্তু চৰকাৰ মুছলমানসকলৰ জান-মাল ৰক্ষণাবেক্ষণৰ কাৰণে সম্ভাৱ্য আটাইখিনিয়ে কৰিছে। ইয়াৰ অধিক কৰাৰ উপায় নাই। প্রকৃতপক্ষে হাব-ভাবত তেওঁ বুজাব বিচাৰিলে যে, দেশৰ প্ৰধানমন্ত্ৰী হৈ চৰকাৰৰ আচৰণ সম্পৰ্কে এনেকুৱা উষ্মা প্রকাশ কৰাটো জওহৰলালৰ পক্ষে উচিত হোৱা নাই।

মুছলমান সম্পর্কে পেটেলৰ আৱিষ্কাৰ- জওহৰলাল কেইটামান মুহূৰ্তৰ কাৰণে নীৰৱ হৈ থাকিল । তাৰ পাছত নৈৰাশ্য ভৰা কণ্ঠত গান্ধীজীক ক'লে, পেটেলৰ চিন্তধাৰা যদি এনেকুৱাই হয়, তেওঁৰ একো ক'বলৈ নাই। এই সময়ত আন এটি ঘটনা ঘটিল- তাত পেটেলৰ মানসিকতা স্পষ্ট হৈ গ'ল। তেওঁ ভাবিলে, মুছলমানসকলৰ ওপৰত যে নিত্যনৈমিত্তিক আক্রমণ সংঘটিত হৈছে, এই সন্দৰ্ভত এটি ব্যাখ্যাতো দিব লাগিব। সেয়ে তেওঁ ক'বলৈ ধৰিলে, চহৰৰ বিভিন্ন এলেকাত মুছলমানসকলৰ ঘৰৰ পৰা মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। তেওঁ ক'লে যে, দিল্লীৰ মুছলমানসকলে হিন্দু আৰু শিখসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ কাৰণে এইবোৰ অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰিছিল। শিখ আৰু হিন্দুসকলে যদি প্রথমে আক্ৰমণ নকৰিলেহেঁতেন, তেনেহ'লে মুছলমানসকলেই তেওঁলোকক কচুকটা' কৰি পেলালেহেঁতেন।

মুছলমানসকলৰ পৰা উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শনী- কাৰুলবাগ আৰু সব্জিমণ্ডিৰ মুছলমানসকলৰ গৃহৰ পৰা পুলিচে উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰ চৰ্দাৰ পেটেলৰ আদেশক্রমে চৰকাৰী হাউচৰ কেবিনেট ৰুমৰ সন্মুখৰ কক্ষত ৰখা হ'ল। এবাৰ যেতিয়া আমি চৰকাৰী সভাত বহিছিলো, তেতিয়া চৰ্দাৰ পেটেলে ক'লে, মুছলমানসকলৰ ওচৰৰ পৰা উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰসমূহ আগতে দেখি নিলে ভাল হয়। আমি অস্ত্র প্ৰদৰ্শনী কক্ষত গৈ উপস্থিত হ'লো । আমি লক্ষ্য কৰিলোঁ, মেজৰ ওপৰত কেবা ডজন সব্জি কটা ছুৰি পৰি আছে। সেইবোৰত মামৰ ধৰি আছিল। তাত কিছু পকেট ছুৰি আৰু কিছু ফলকটা ছুৰিও আছিল ৷ কোনো কোনোটোত নাল আছিল আৰু কোনো কোনোটো নাল বিহীনো আছিল। কিছু চোকা লোৰ ৰডযিবোৰ পুৰণি গৃহসমূহৰ দৰজাৰ পৰা উলিয়াই অনা হৈছিল আৰু কিছু লোৰ তৈৰী পানীৰ পাইপো তাত আছিল ৷ চৰ্দাৰ পেটেলৰ মতে সেয়াই আছিল মাৰাত্মক অস্ত্ৰ, যিবোৰ দিল্লীৰ মুছলমানসকলে হিন্দু আৰু শিখসকলক কচুকটা কৰাৰ কাৰণে সংগ্ৰহ কৰিছিল। লৰ্ড মাউণ্টবেটেন এটি ছুৰি হাতত লৈ মিচিকিয়াই হাঁহি মাৰি ক'লে, এইবোৰ অস্ত্ৰ-শস্ত্ৰ দি যিসকলে দিল্লী জয়ৰ সপোন দেখিছিল, সিহঁতক সঁচাকৈয়ে যুদ্ধ বিশাৰদ কোৱা যাব পাৰে!

চৰ্দাৰ পেটেল কি কাৰণত দেশ বিভাজনৰ প্ৰধান সমৰ্থক হৈ থিয় দিছিল সেই সম্পর্কে মওলানা আবুল কালাম আজাদে তেওঁ উপৰোক্ত গ্ৰন্থত লিখিছে- কংগ্ৰেছী নেতাসকলৰ মাজত চৰ্দাৰ পেটেল দেশ বিভাজনৰ প্ৰধান সমৰ্থক হৈ থিয় দিলে। কিন্তু তেওঁ দেশ বিভাজনক উত্তম সমাধান বুলি বিশ্বাস কৰা নাছিল। কিন্তু তেওঁ তেওঁৰ পূৰ্ণ প্ৰভাৱ দেশ বিভাজনৰ পক্ষে প্রয়োগ কৰে, কিন্তু সেয়া আছিল তেওঁৰ ক্ৰোধ আৰু হতাশাৰ কাৰণে। অর্থমন্ত্রী হিচাপে পদে পদে লিয়াকত আলী খানৰ ভেটোই তেওঁক বিব্ৰত কৰি তুলিছিল আৰু প্ৰতিটো প্ৰস্তাৱ নাকচ কৰি পেলাইছিল। চৰম উত্তেজিত অৱস্থাত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে যে, বিকল্প কোনো ব্যৱস্থা পোৱা নগ'লে দেশ বিভাজনে মানি লোৱা হ'ব।

আবুল কালাম আজাদে আৰু লিখিছে-চৰ্দাৰ পেটেলৰ নিশ্চিত বিশ্বাস আছিল যে,পাকিস্তানৰ নতুন চৰকাৰ তেওঁলোকৰ দায়িত্ব পালনত চৰমভাৱে ব্যৰ্থ হ'ব। ফলত পাকিস্তান বেছিদিন নিটিকে । তেওঁৰ ধাৰণা আছিল, কংগ্ৰেছে যদি পাকিস্তান মানি লয়, সেয়া মুছলিম লীগৰ কাৰণে তিক্ত শিক্ষা হ'ব। স্বল্পকালৰ ভিতৰতে পাকিস্তান ধুলিসাৎ হৈ যাব আৰু তাৰ অন্তৰ্ভুক্ত প্রদেশসমূহ অবর্ণনীয় দুখ-দুৰ্দশাৰ চিকাৰ হ'ব ।

কিছু সংখ্যক ৰাজনৈতিক দল আৰু ব্যক্তিৰ ব্যক্তিগত অহং ভাৱৰ কাৰণে এনেকৈয়ে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত বিভাজন হৈছিল। বহুতো দল সংগঠন আৰু ব্যক্তিয়ে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। এই বিষয়ে পৰৱৰ্তী প্ৰৱন্ধত আলোচনা কৰা হৈছে।

 

       কোন কোন ব্যক্তি আৰু সংগঠন ভাৰত বিভাজনৰ বিপক্ষে আছিল ।

বিংশ শতাব্দীত ব্ৰিটিছ ভাৰতত ভাৰত বিভাজনৰ বিৰোধিতা ব্যাপক আছিল আৰু দক্ষিণ এছিয়াৰ ৰাজনীতিত সেয়া আলোচনাৰ বিষয় হৈ ৰৈ গৈছে। ভাৰত বিভাজনৰ বিৰোধিতা যিসকলে কৰিছিল তেওঁলোক যৌগিক(সমন্বিত) জাতীয়তাবাদৰ মতবাদ মানি চলিছিল। হিন্দু, মুছলমান (সৰ্বভাৰতীয় আজাদ মুছলিম কনফাৰেন্স মুছলমানসকলৰ প্ৰতিনিধিত্ব কৰিছিল), খ্রীষ্টান, এংলো ইণ্ডিয়ান, পাৰ্চী আৰু শিখ সম্প্ৰদায় মুলতঃ ভাৰত বিভাজনৰ বিৰোধী আছিল ।

খোদাই খেদমতগাৰ পচতুন ৰাজনীতিবিদ ও ভাৰতীয় স্বাধীনতা কৰ্মী খান আব্দুল গফ্ফাৰ খান ভাৰত বিভাজনৰ প্ৰস্তাৱটোক অনা-ইছলামিক আৰু সাধাৰণ ইতিহাসৰ পৰিপন্থী হিচাপে উল্লেখ কৰিছিল । কাৰণ মুছলমানসকলে এক সহস্রাব্দৰো অধিক বছৰব্যাপী ভাৰতক নিজৰ স্বদেশ ভূমি হিচাপে বিবেচনা কৰি আহিছিল ৷ মহাত্মা গান্ধীয়ে কৈছিল- হিন্দু আৰু মুছলমান ভাৰতৰ একেই মাটিৰ সন্তান, তেওঁলোক ভাই ভাই, সেয়ে ভাৰতক স্বাধীন আৰু ঐক্যৱদ্ধ ৰাখিবলৈ সচেষ্ট হ'ব লাগিব ৷

দেওবন্দী মজহাবৰ চুন্নী মুছলমানসকলে পাকিস্তানৰ ধাৰণা ঔপনিৱেশিক চৰকাৰৰ ষড়যন্ত্ৰ হিচাপে বিবেচনা কৰি সমালোচনা কৰিছিল আৰু ভাৰত বিভাজনৰ নিন্দা জনাবলৈ আজাদ মুছলিম কনফাৰেন্স'- এ হিন্দু-মুছলমানক সংগঠিত হ'বলৈ সহায় কৰিছিল। তেওঁলোকে যুক্তি দাঙি ধৰিছিল যে, ভাৰত বিভাজন হ'লে মুছলমানসকলৰ অৰ্থনৈতিক উন্নয়ন ক্ষতিগ্রস্ত হ'ব। তেওঁলোকৰ মতে, বিভাজনৰ ধাৰণাটো মুছলমানসকলক পশ্চাদপদ কৰি ৰখাৰ কাৰণে ৰূপাঙ্কন(ডিজাইন) কৰা হৈছিল। তেওঁলোকে আৰু ধাৰণা কৰিছিল যে, অখণ্ড ভাৰতত মুছলিম সংখ্যাগৰিষ্ঠ প্ৰদেশসমূহে হিন্দু সংখ্যাগৰিষ্ঠ এলেকাত বসবাসকাৰী মুছলমান সংখ্যালঘুসকলক সহায় কৰাৰ ক্ষেত্ৰত স্বাধীন পাকিস্তানৰ শাসকসকলতকৈ অধিক কাৰ্যকৰ হ'ব। দেওবন্দীসকলে হোদাইবিয়াৰ সন্ধিৰ উদ্ধৃতি দি কৈছিল, হোদাইবিয়াৰ সন্ধিৰ জৰিয়তে মুছলমান আৰু মক্কাৰ কুৰেছসকলৰ মাজত পাৰস্পৰিক বুজাপৰাৰ মাধ্যমত শান্তিপূর্ণভাবে কোৰাইছসকলৰ মাজত ধৰ্মপ্ৰচাৰৰ সুযোগ কৰি দিছিল । দেওবন্দী চুন্নী পণ্ডিত ছৈয়দ হোছেইন আহম্মদ মাদানীয়ে তেওঁৰ গ্ৰন্থ মুত্তাহিদা কওমী আউৰ ইছলাম’(যৌগিক জাতীয়তাবাদ আৰু ইছলাম)ত লিখিছে যে, বিভিন্ন ধর্মই, ভিন্ন জাতীয়তাবাদ গঠন নকৰে। ভাৰত বিভাজন প্ৰস্তাৱটো ন্যায়সঙ্গত নহয় ৷

খাকছাৰ আন্দোলনৰ নেতা আল্লামা মাশৰিকীয়ে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ ধাৰণা কৰিছিল, মুছলমান আৰু হিন্দুসকলে যদি ভাৰতত বহু শতাব্দীব্যাপী শক্তিপূর্ণভাবে বসবাস কৰি আহিছে, স্বাধীন ও অখণ্ড ভাৰততো পাৰিব। মাশৰিকী দ্বি-জাতি তত্ত্বৰ ধাৰণাক ব্ৰিটিছসকলৰ চক্ৰান্ত হিচাপে বিবেচনা কৰিছিল, ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰিলে এদলে আনদলৰ বিৰুদ্ধাচৰণ কৰিব আৰু ব্ৰিটিছসকলে এই অঞ্চলৰ নিয়ন্ত্রণ সহজে বজায় ৰাখিব পাৰিব। তেওঁ যুক্তি দাঙি ধৰিছিল যে, ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হ'লে সীমান্ত অঞ্চলত মৌলবাদ আৰু চৰমপন্থীৰ জন্ম হ'ব । মাশৰিকীয়ে ধাৰণা কৰিছিল যে, মুছলিম সংখ্যগৰিষ্ঠ এলেকাসমূহ ইতিমধ্যেই মুছলমানসকলৰ শাসনাধীনত আছে, সেয়ে যদি কোনো মুছলমান সেই অঞ্চললৈ যাব বিচাৰে, তেনেহ'লে দেশ বিভাজন নকৰাকৈয়ে সেয়া কৰিব পাৰে। তেওঁৰ মতে, বিচ্ছিন্নতাবাদী নেতাসকল ক্ষমতাৰ ভোকাতুৰ আছিল আৰু ব্ৰিটিছসকলৰ সেৱা কৰি নিজৰ নিজৰ ক্ষমতা বৃদ্ধিৰ কাৰণে মুছলমানসকলক বিভ্ৰান্ত কৰিছিল ।

১৯৪১ চনত অপৰাধ তদন্তকাৰী বিভাগ(চিআইডি)ৰ প্ৰতিবেদনত কোৱা হৈছে, হাজাৰ হাজাৰ মুছলিম তাঁতীসকলে মোমিন সন্মিলনৰ বেনাৰত বিহাৰ আৰু পূৰ্ব ইউপিৰ পৰা দিল্লীলৈ আহিছিল । তেওঁলোকে দিল্লীত দ্বি-জাতি তত্ত্বৰ বিৰুদ্ধে আন্দোলনত নামিছিল। এটি অসংগঠিত বিভাগৰ(চেক্টৰৰ) পৰা পঞ্চাছ হাজাৰৰো অধিক লোক জমায়েত হোৱাটো তেতিয়াৰ দিনত সাধাৰণ কথা নাছিল । সেয়ে ইয়াৰ গুৰুত্ব যথাযথভাবে স্বীকৃত হোৱা উচিত। ভাৰতীয় মুছলমানসকলৰ অ-আশৰাফ মুছলিমসকলে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল, দুখৰ বিষয় যে, তেওঁলোকৰ কথাত তেতিয়া গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। তেওঁলোক ইছলামৰ প্ৰতি দৃঢ় বিশ্বাসী হ'লেও পাকিস্তানৰ বিৰোধিতা কৰিছিল ৷

১৯৪৬ চনত ভাৰতীয় প্ৰাদেশিক নির্বাচনত ভাৰতীয় মুছলমানসকলৰ মাথোন ১৬ শতাংশই, উচ্চ শ্ৰেণীৰ নাগৰিকে, ভোট দান কৰিবলৈ সক্ষম হৈছিল। বহু নিন্মশ্ৰেণীৰ মুছলমানে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁলোকে ধাৰণা কৰিছিল, এখন মুছলিম ৰাষ্ট্ৰই মাথোন উচ্চশ্রেণী মুছলমানৰ উপকাৰ কৰিব।

ঔপনিৱেশিক ভাৰতৰ খ্ৰীষ্টানসকলৰ প্ৰতিনিধিত্বকাৰী সংগঠন সৰ্বভাৰতীয় কনফাৰেন্স, শিখ ৰাজনৈতিক দল যেনে-চীফ খালছা দিওয়ান আৰু তাৰা সিংহৰ নেতৃত্বাধীন শিৰোমণি দল পাকিস্তান সৃষ্টিৰ কাৰণে আহবান জনোৱা বিচ্ছিন্নতাবাদীসকলক নিন্দা কৰিছিল। তেওঁলোকে ধাৰণা কৰিছিল, হয়তো এই আন্দোলনে পৰৱৰ্তী সময়ত তেওঁলোকক অত্যাচাৰ কৰিব ৷

ভাৰত বিভাজনৰ সমালোচকসকলে যুক্তি প্রদর্শন কৰে যে, অবিভক্ত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী সেনাবাহিনীৰ কাৰণে গৰ্ব কৰিব পাৰিলেহেঁতেন, শক্তিশালী প্রতিযোগিতামূলক ক্রীড়া দল থাকিলহেঁতেন, ধৰ্মীয় সম্প্ৰীতিৰ লগতে সংখ্যালঘুসকলৰ বৰ্ধিত সুৰক্ষাক উৎসাহিত কৰিলেহেঁতেন, মহিলাসকলৰ অধিকাৰ সুৰক্ষিত হ'লহেঁতেন, বর্ধিত সামুদ্রিক সীমানাৰ অধিকাৰী হ'লহেঁতেন, প্ৰতিৰক্ষা খাতৰ পৰিৱৰ্তে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্বাৰোপ কৰিব পাৰিলেহেঁতেন ।

ধৰ্মীয় বিচ্ছিন্নতাৰ মাধ্যমত ভাৰত বিভাজন কৰি পাকিস্তান সৃষ্টি কৰা হৈছিল। ধৰ্মৰ মাধ্যমত ভাৰত বিভাজন কৰা ধাৰণাটোক আধুনিক যুগৰ সমালোচকসকলে পশ্চাদপদ ধাৰণা বুলি সমালোচনা কৰে। ভাৰত বিভাজনৰ ফলত ১৫ মিলিয়ন লোকৰ বাস্তুচ্যুতি, এক মিলিয়নৰো অধিক লোকৰ হত্যা আৰু ৭৫,০০০ নাৰীৰ ধৰ্ষণৰ ফালে ইঙ্গিত কৰি সমালোচকসকলে এই বিভাজনক ভুল বুলি সমালোচনা কৰিছে।

 

ভাৰত বিভাজনৰ বিৰোধিতাকাৰী সংগঠন আৰু

ব্যক্তিবর্গ-

(১) অখণ্ড ভাৰতক সমৰ্থন কৰাৰ কাৰণে মাগফুৰ আহমদ আজিজী দ্বাৰা সৰ্বভাৰতীয় জমহুৰ মুছলিম লীগ গঠন কৰা হৈছিল ৷

(২) সৰ্বভাৰতীয় এংলো-ইণ্ডিয়ান এচোচিয়েশ্বনৰ সভাপতি ফ্রাঙ্ক এণ্টনীৰ নেতৃত্বত ভাৰত বিভাজনৰ বিৰোধিতা কৰা হৈছিল।

(৩) ভাৰত বিভাজনৰ বিৰোধিতা কৰাৰ কাৰণে সিন্ধুৰ প্ৰিমিয়াৰ আল্লাহ বক্স সুমৰোৰ নেতৃত্বত সৰ্বভাৰতীয় আজাদ মুছলিম কনফাৰেন্স গঠন কৰা হৈছিল । সংগঠনটো ধর্মীয়ভাবে মুছলিম শ্রমিকসকলৰ প্রতিনিধিত্ব কৰিছিল ৷ ভাৰত বিভাজনৰ বিৰোধিতা কৰাৰ কাৰণে সংগঠনটো দিল্লীত মুছলমানসকলৰ বৃহত্তম সমাৱেশৰ আয়োজন কৰিছিল।

(৪) ভাৰতীয় খ্ৰীষ্টানসকলৰ সৰ্বভাৰতীয় সন্মিলনে ভাৰত বিভাজন আৰু ধৰ্মৰ ভিত্তিত পৃথক নিৰ্বাচনমণ্ডলী তৈৰীৰ বিৰোধিতা কৰিছিল। এই সংগঠনটোৱে স্বৰাজ সমৰ্থন কৰিছিল আৰু সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাত সহায় কৰিছিল।

(৫) জিন্নাহৰ পাকিস্তান পৰিকল্পনাৰ বিৰোধিতা কৰাৰ কাৰণে ১৯৪০ চনত সৰ্বভাৰতীয় জমহুৰ মুছলিম লীগ' গঠন কৰা হৈছিল ।

(৬) সৰ্বভাৰতীয় মোমিন কনফাৰেন্সে উচ্চশ্রেণী মুছলমানৰ পৰিৱৰ্তে সাধাৰণ মুছলমানৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছিল আৰু ১৯৪০ চনত ভাৰত বিভাজনৰ বিৰোধিতা কৰি এটি প্ৰস্তাৱ পাচ কৰিছিল। প্ৰস্তাৱটোত কোৱা হৈছিল, যে বিভাজনৰ পৰিকল্পনাটো মাথোন অবাস্তৱ আৰু দেশপ্ৰেমৰ পৰিপন্থীয়ে নাছিল, সম্পূৰ্ণৰূপে অনা-ইছলামিক আৰু অপ্রাকৃতিক আছিল। কাৰণ ভাৰতৰ বিভিন্ন প্ৰদেশৰ ভৌগোলিক অৱস্থান আৰু হিন্দু ও মুছলমানৰ মিশ্রিত জনসংখ্যা এই প্ৰস্তাৱৰ বিৰুদ্ধে আৰু দুই সম্প্রদায় বহু শতাব্দীব্যাপী একেলগে বসবাস কৰি আহিছে আৰু তেওঁলোকৰ মাজত বহুতো বস্তু তথা পৰম্পৰা, আচাৰ-আচৰণৰ মাজত সাদৃশ্য আছে।

(৭) সৰ্বভাৰতীয় মুছলিম মচলিছে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷

(৮) সৰ্বভাৰতীয় ছিয়া পলিটিকেল কনফাৰেন্সে ভাৰত বিভাজন কৰি পাকিস্তান সৃষ্টিৰ ধাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যক্ত কৰিছিল। তেওঁলোকক সাধাৰণ ভোটাৰে সমৰ্থন কৰিছিল।

(৯) বেলুচিস্তানৰ আঞ্জুমান-ই-ওয়াতন'-এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জোঁটবন্ধন কৰিছিল আৰু ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল।

(১০) চেন্ট্রাল খালচা ইয়ং অন্যান্য শিখ সংগঠনৰ দৰে উত্তৰ-পশ্চিম ভাৰতত পৃথক ৰাষ্ট্ৰ গঠনৰ বিৰুদ্ধে দ্ব্যর্থহীনভাবে বিৰোধিতা' ঘোষণা কৰিছিল। চীফ খালচা দিওয়ান' সংগঠনেও অন্যান্য শিখ সংগঠনৰ দৰে উত্তৰ-পশ্চিম ভাৰতত এখন পৃথক ৰাষ্ট্ৰ গঠনৰ বিৰুদ্ধে আপোচহীনভাবে বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছিল ।

(১১) ভাৰতীয় কমিউনিষ্ট পার্টিয়ে দেশ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰা নাছিল ৷

(১২) হিন্দু মহাসভাই ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, হিন্দু মহাসভাৰ গৃহীত অৱস্থানটো হিন্দু মহাসভাৰ সভাপতি বিনায়ক দামোদৰ সাভাৰকাৰ কর্তৃক সমর্থিত আছিল। হিন্দু মহাসভা পাকিস্তান সৃষ্টিৰ বিৰুদ্ধে আছিল আৰু ইয়াক যিকোনো উপায়ে প্রতিহত কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

(১৩) ভাৰতীয় জাতীয় কংগ্ৰেছে দৃঢ়ভাবে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল, যদিও পৰৱৰ্তী পৰ্যায়ত কেবিনেট মিছন পৰিকল্পনাৰ ব্যৰ্থতাৰ পাছত অনিচ্ছা সত্ত্বেও বিভাজন মানি লৈছিল। কংগ্ৰেছৰ মতে, ভাৰতৰ পক্ষে বিভাজন অনিবাৰ্য হৈ পৰিছিল ৷

(১৪) জমিয়ত আহলে-ই-হাদিছ' সৰ্বভাৰতীয় আজাদ মুছলিম কনফাৰেন্সৰ সদস্য দল আছিল ৷ তেওঁলোকে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

(১৫) জমিয়ত উলেমা-ই-হিন্দ' ভাৰত বিভাজনৰ বিৰুদ্ধে আছিল আৰু পাকিস্তান গঠনৰ ধাৰণাক আপোচহীনভাবে প্রত্যাখান কৰিছিল। পৰিৱৰ্তে অখণ্ড ভাৰতত সমন্বিত জাতীয়তাবাদৰ পক্ষে মাত মাতিছিল ৷

(১৬) খাকছাৰ আন্দোলন' ভাৰত বিভাজনৰ বিপক্ষে আছিল আৰু পাকিস্তান পৰিকল্পনাৰ স্পষ্ট সমালোচক আছিল ।

(১৭) খোদাই খিদমতগাৰ সংগঠন ভাৰত বিভাজনৰ বিপক্ষে থিয় দিছিল আৰু ব্ৰিটিছ শাসকক প্রতিহত কৰাৰ কাৰণে অহিংস নীতি গ্ৰহণ কৰিছিল

(১৮) কৃষক প্রজা দল ভাৰত বিভাজনৰ পৰিকল্পনাক অযৌক্তিক আৰু অৰ্থহীন' বুলি নিন্দা কৰিছিল ।

(১৯) মছলিছ-ই-আহৰাৰ-উল-ইছলাম-এ ১৯৪৩ চনত এটি প্ৰস্তাৱ পাচ কৰিছিল আৰু নিজক বিভাজনৰ বিৰোধী বুলি ঘোষণা কৰিছিল আৰু জিন্নাহৰ খ্যাতি ক্ষুন্ন কৰাৰ প্ৰয়াসত জিন্নাহক কাফি হিচাপে চিহ্নিত কৰিছিল ৷

(২০) সিন্ধ ইউনাইটেড দলে কৈছিল, আমাৰ ধৰ্ম যিয়েই নহওঁক কিয়, অৱশ্যেই আমালোকৰ দেশত আমি নিখুঁত বন্ধুত্বৰ পৰিৱেশত একেলগে বসবাস কৰিব লাগিব। আমালোকৰ সম্পৰ্ক যৌথ পৰিবাৰৰ এজন ভাইৰ দৰে হোৱা উচিত । যাৰ বিভিন্ন সদস্যই তেওঁলোকৰ বিশ্বাস স্বাধীনভাবে প্রকাশ কৰিব পাৰে আৰু কোনো অনুমতি বা বাধা অবিহনে যৌথ সম্পত্তিৰ সুবিধা সমভাবে উপভোগ কৰিব পাৰে৷

(২১) মাষ্টাৰ তাৰা সিংহৰ নেতৃত্বাধীন আকালী দলে মুছলিম ৰাষ্ট্ৰ গঠনৰ ধাৰণাক শিখসকলৰ সাম্ভাৱ্য নিপীড়নৰ আমন্ত্ৰণ হিচাপে দেখিছিল। ফলত তেওঁলোকে লাহোৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভয়ঙ্কৰভাবে প্ৰচাৰণা আৰম্ভ কৰিছিল ৷

(২২) পাঞ্জাৱ ইউনিয়নিষ্ট দল মুছলিম, হিন্দু আৰু শিখসকলৰ ঘাঁটি আছিল। তেওঁলোকে পাঞ্জাৱী পৰিচয়ক ধৰ্মীয় পৰিচয়তকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল । তেওঁলোকে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

                

                ৰাজনৈতিক ব্যক্তিত্ব-

(১) আবুল কালাম আজাদে কৈছিল, পাকিস্তান সৃষ্টি একমাত্র উচ্চশ্রেণীৰ মুছলমানৰ কাৰণে লাভদায়ক হ'ব। তেওঁলোকে পৃথক স্বাধীন ৰাষ্ট্ৰৰ অৰ্থনীতি একচেটীয়াভাবে দখল কৰিব। তেওঁ সতৰ্ক কৰি দিছিল যে, যদি পাকিস্তান তৈৰী কৰা হয়, সেয়া আন্তৰ্জাতিক শক্তি দ্বাৰা নিয়ন্ত্ৰিত হ'ব আৰু সময় বাগৰাৰ লগে লগে সেই নিয়ন্ত্রণ কঠোৰতৰ হ'ব।

(২) আব্দুল মতলিব মজুমদাৰ পূৰ্ব ভাৰতৰ এজন বিশিষ্ট মুছলিম আছিল। তেওঁ হিন্দু-মুছলিম ঐক্যক সমৰ্থন আৰু ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

(৩) ঔপনিৱেশিক ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ এগৰাকী ব্যাৰিষ্টাৰ আব্দুল কায়ুম খান ঘোষণা কৰিছিল যে, তেওঁ নিজৰ তেজৰ বিনিময়ত হ'লেও ভাৰত বিভাজন প্রতিহত কৰিব। অৱশ্যে তেওঁ ১৯৪৩ চনত তেওঁৰ অৱস্থান পৰিৱৰ্তন কৰি মুছলিম লীগত যোগদান কৰিছিল।

(৪) আব্দু ছামাদ খান আকচাই দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰিছিল আৰু অখণ্ড ভাৰতৰ পক্ষে যুক্তি দাঙি ধৰিছিল।

(৫) সিন্ধুৰ মুখ্যমন্ত্ৰী আল্লাহ বক্স সুমৰো ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ তীব্ৰ বিৰোধী আছিল ৷ তেওঁ অখণ্ড স্বাধীন ভাৰতৰ পক্ষে উকালতি কৰাৰ কাৰণে সৰ্বভাৰতীয় আজাদ মুছলিম কনফাৰেন্সৰ সভাপতি পদ গ্ৰহণ কৰিছিল। আল্লাহ বক্স সুমৰোই মন্তব্য কৰিছিল যে, ধৰ্মৰ ভিত্তিত মুছলমানসকলৰ কাৰণে পৃথক জাতি গঠনৰ ধাৰণা ইছলামৰ পৰিপন্থী।

(৬) আনসাৰ হাৰভানি এজন জাতীয়তাবাদী মুছলমান আছিল । তেওঁ ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ বিৰুদ্ধে ভোট প্রদান কৰিছিল

(৭) আফতাফ হোসেন এজন পাকিস্তানী ৰাজনীতিবিদ আৰু মুত্তাহিদা কওমী ৰাজনৈতিক দলৰ প্রতিষ্ঠাতা আছিল। তেওঁ ভাৰত বিভাজনক সর্বশ্রেষ্ঠ ভুল' বুলি অভিহিত কৰিছিল। বিভাজনৰ ফলত তেজ, সংস্কৃতি, ভ্রাতৃত্ব আৰু সম্পৰ্কৰ বিভাজন হ'ব বুলি কৈছিল। (৮) আশাদ মাদানীয়ে ভাৰত বিভাজনৰ সমালোচনা কৰিছে ৷ তেওঁ উল্লেখ কৰিছিল যে, বিভাজনে মাথোন এক বিশেষ সম্প্ৰদায়ৰ কাৰণে নহয়, হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ কাৰণে ধ্বংসৰ কাৰণ হৈ উঠিছে।

(৯) ফখৰুদ্দিন আলী আহমদ মহাত্মা গান্ধীৰ অখণ্ড ভাৰতৰ সপোনক সমৰ্থন কৰিছিল৷

(১০) ফজল-ই-হুসাইন ভাৰত বিভাজনৰ মাধ্যমত পৃথক মুছলিম ৰাষ্ট্ৰ গঠনৰ বিৰোধী আছিল । (১১) সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছোছিয়েশ্বনৰ সভাপতি ফ্রাঙ্ক এণ্টনী ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

(১২) গোলাম হোসেন হিদায়াতুল্লা ১৯৩৭-১৯৩৮ আৰু ১৯৪২-১৯৪৭ চনৰ বাবে সিন্ধুৰ মুখ্যমন্ত্রী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ভাৰত বিভাজনৰ ধাৰণাক প্ৰত্যাখান কৰিছিল৷

(১৩) ইনায়েতুল্লা খান মাশৰিকী হিন্দু-মুছলিম ঐক্যৰ পক্ষে আছিল আৰু ভাৰত বিভাজনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আটাইকে থিয় হ'বলৈ আহবান জনাইছিল ।

(১৪) কানাইয়া লাল মানেকলাল মুন্সি ভাৰত বিভাজনক ব্ৰিটিছৰ বিভেদ ও শাসননীতি হিচাপে দেখিছিল। অখণ্ড ভাৰতৰ কাৰণে আহবান জনাই তেওঁ ভাৰত বিভাজনৰ ধাৰণাক তীব্রভাবে বিৰোধিতা কৰিছিল ।

(১৫) খান আব্দুল গাফ্ফাৰ খান ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল আৰু অহিংস নীতিৰ মাধ্যমত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰণা চলাইছিল ।

(১৬) খান আব্দুল জব্বাৰ খান অখণ্ড ভাৰতৰ পক্ষে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিত্ৰ আছিল ৷ যেতিয়া তেওঁ অৱগত হৈছিল যে, উত্তৰ-পশ্চিম ভাৰতৰ প্ৰদেশসমূহক লৈ পাকিস্তান গঠন কৰা হ', তেতিয়া তেওঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থিয় হৈ মুছলিম লীগৰ বিৰুদ্ধাৰণ কৰিছিল ৷

(১৭) খাজা আব্দুল মজিদ এজন সমাজ সংস্কাৰক আৰু আইনজীৱী আছিল। তেওঁ মহাত্মা গান্ধীক সমৰ্থন কৰি ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

(১৮) ঢাকাৰ নবাবৰ ভায়েক খাজা আতিকুল্লাহই ভাৰত বিভাজনৰ বিৰোধিতা কৰি ২৫,০০০ স্বাক্ষৰ সংগ্ৰহ কৰি ব্ৰিটিছ চৰকাৰৰ হাতত এটি স্মাৰক লিপি জমা দিছিল ৷

(১৯) লাল খান এগৰাকী পাকিস্তানী ৰাজনীতিবিদ । তেওঁ দ্য ষ্ট্রাগল পাকিস্তান'ৰ প্ৰতিষ্ঠাতা । তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল আৰু ভাৰত পুনৰ একত্ৰীকৰণৰ পক্ষে আছিল। তেওঁ কৈছিল, একত্ৰীকৰণ হ'লে ক্ৰমাগত ক্ষত নিৰাময় হ'ব আৰু কাশ্মীৰ সংঘাতৰ সমস্যা সমাধান হ'ব। তেওঁ কৈছিল যে, পাঁচ হাজাৰ বছৰৰ সাধাৰণ ইতিহাস, সংস্কৃতি আৰু সমাজ, বিভাজন দ্বাৰা বিচ্ছিন্ন কৰাটো খুবেই ক্ষতিকাৰক ৷

(২০) মাগফুৰ আহমদ আজিজীয়ে অখণ্ড ভাৰতৰ পক্ষে উকালতি কৰাৰ কাৰণে জমহুৰ মুছলিম লীগ প্রতিষ্ঠা কৰিছিল। তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷

(২১) পাঞ্জাৱৰ প্ৰিমিয়াৰ মালিক খিজিৰ হায়াত টিওয়ানাই ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷ তেওঁ বিভাজনক পাঞ্জাৱ প্ৰদেশ আৰু পাঞ্জাৱী জনগণক বিভাজন কৰাৰ এক চক্রান্ত হিচাপে দেখিছিল । তেওঁ অনুভৱ কৰিছিল যে, পাঞ্জাৱৰ মুছলমান, হিন্দু আৰু শিখৰ সংস্কৃতি অভিন্ন। তেওঁ ধর্মীয় বিচ্ছিন্নতাৰ ভিত্তিত ভাৰত বিভাজনৰ বিৰোধী আছিল। তেওঁ এজন মুছলমান হিচাপে বিচ্ছিন্নতাবাদী জিন্নাহৰ বিৰুদ্ধে মন্তব্য কৰিছিল যে, ইয়াৰ মুছলমান আৰু শিখ টিওয়ানা মোৰ আত্মীয়। মই তেওঁলোকৰ বিবাহ আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। মই কেনেকৈ তেওঁলোকক অন্য জাতি হিচাপে ভাবিব পাৰোঁ? ১ মাৰ্চক টিওয়ানাই সাম্প্রদায়িক সম্প্ৰীতি দিৱস হিচাপে ঘোষণা কৰিছিল ৷ লাহোৰত তেওঁ সাম্প্রদায়িক সম্প্রতি সমিতি গঠন কৰিছিল । কমিটিৰ সভাপতি আছিল, ৰজা নৰেন্দ্ৰ নাথ আৰু সম্পাদক আছিল মৌলভী মহম্মদ ইলিয়াচ ৷

(২২) মওলানা হিফজুৰ ৰহমান এগৰাকী জাতীয়তাবাদী মুছলমান আছিল । তেওঁ ভাৰত বিভাজনৰ বিপক্ষে ভোটদান কৰিছিল ৷

(২৩) মওলানা আতাউল্লাহ শাহ বুখাৰী আছিল মছলিছ-ই-আহৰাৰ-উল-ইছলাম'ৰ প্ৰতিষ্ঠাতা। ১৯৪৩ চনত এটি প্ৰস্তাৱ পাচ কৰি তেওঁ দেশ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু জিন্নাহৰ খ্যাতিক অসন্মান কৰাৰ কাৰণে তেওঁক কাফেৰ হিচাপে ঘোষণা কৰিছিল৷

(২৪) মার্কণ্ডেয় কাটজু ভাৰত বিভাজনৰ সকলো দোষ ব্ৰিটিছ প্ৰশাসনৰ ওপৰত জাপি দিছিল ৷ পাকিস্তান সৃষ্টিৰ কাৰণে উকালতি কৰাৰ ফলত তেওঁ জিন্নাহক ব্ৰিটিছৰ এজেণ্ট হিচাপে গণ্য কৰিছিল ৷ কায়েদ-এ-আজমহোৱাৰ উচ্চাকাংক্ষা পূৰণৰ কাৰণে তেওঁ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ দুৰ্ভোগৰ কাৰণ হৈ পৰিছিল বুলি কাটজুই উল্লেখ কৰিছে। কাটজুই দাবী কৰিছিল যে, ১৮৫৭ চনত ভাৰতৰ প্রথম স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ একতা লৈ লক্ষ্য কৰি ভাৰতীয়ই যাতে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ নকৰি নিজৰ ভিতৰতে লড়াইত ব্যক্ত থাকে তাৰ কাৰণে ব্ৰিটিছে বিভেদ ও শাসন' নীতি প্ৰয়োগ কৰিছিল। তেওঁ আৰু দাবী কৰিছিল যে, অখণ্ড ভাৰত যাতে এখন শক্তিশালী শিল্পপ্রধান শক্তি হিচাপে গঢ়ি উঠিব নোৱাৰে সেয়া প্রতিহত কৰাৰ কাৰণে ব্ৰিটিছ চৰকাৰে ভাৰত বিভাজনৰ সূচনা কৰিছিল, যাতে ভাৰত পশ্চিমীয়া ৰাষ্ট্ৰৰ অৰ্থনীতিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে ৷

(২৫) মাষ্টাৰ তাৰা সিংয়ে ঘোষণা কৰিছিল যে, শিৰোমণি আকালী দলে ভাৰত বিভাজন আৰু পাকিস্তান সৃষ্টিৰ বিৰুদ্ধে দাঁতে আৰু গজালে' যুঁজ কৰিব বুলি ঘোষণা কৰিছিল ।

(২৬)মওলানা মাজহাৰ আলী আজহাৰে জিন্নাহক কায়েদ-এ-কাফিৰ’(দ্য গ্রেট কাফিৰ) বুলি উল্লেখ কৰিছিল। তেওঁ অন্যান্য আহৰাৰ নেতৃবৰ্গৰ দৰে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ।

(২৭) মওলানা হোসেইন আহমদ মাদানী পৃথক মুছলিম ৰাষ্ট্ৰৰ প্ৰচাৰণাৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ তেওঁ অখণ্ড ভাৰতত সমন্বিত জাতীয়তাবাদৰ পক্ষ সমৰ্থন কৰিছিল ৷ পাঁচ দহক আগত ছৈয়দ জামাল- আল-দীন আল-আফগানী আছাদাবাদীয়ে একেই পক্ষ সমৰ্থন কৰিছিল। তেওঁ ধাৰণা কৰিছিল যে, ভাৰতীয় মুছলমান আৰু বিদেশী মুছলমানৰ মাজত ঐক্যৰ বিপৰীতে ভাৰতীয় হিন্দু-মুছলমান ঐক্যই কার্যকভাবে ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে সংগ্ৰাম কৰিব পাৰিব। যিয়ে স্বাধীনতা প্রাপ্তিত সহায় কৰিব।

(২৮) জামাত-ই-ইছলামৰ প্ৰতিষ্ঠাতা আবুল আলা মাওদুদীয়ে ভাৰত বিভাজনৰ বিৰুদ্ধে সক্রিয়ভাবে কাম কৰিছিল। তেওঁ যুক্তি দাঙি ধৰিছিল যে, ভাৰত বিভাজনৰ ধাৰণাটো ইছলামিক উম্মাহৰ মতবাদক লঙঘন কৰিছে। মাওদুদীয়ে ভাৰত বিভাজনক এক অস্থায়ী সীমানা হিচাপে বিবেচনা কৰিছিল, যিয়ে মুছলমানসকলক এজনক আনজনৰ পৰা বিভক্ত কৰিব । তেওঁ সমগ্ৰ ভাৰতক ইছলামৰ কাৰণে পুনৰুদ্ধাৰৰ বাবে উকালতি কৰিছিল ৷

(২৯) এম, চি, দাভাৰ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ কংগ্ৰেছ আৰু লীগৰ মাজৰ ফাট দূৰ কৰাৰ কাৰণে চেষ্টা কৰাৰ লক্ষ্যে ভাৰতীয় ইউনাইটেডদল গঠন কৰিছিল ৷

(৩০) ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সভাপতি মোহন ভাগৱত-এ 2021 চনৰ নৱেম্বৰত সৰসংঘচালকৰ ষষ্ঠ অধিৱেশনত ভাৰত বিভাজনৰ যন্ত্ৰণাৰ পৰা একমাত্র পৰিত্ৰাণ পোৱাৰ সমাধান ভাৰতক পূৰ্বৱস্থাত উভতাই অনাৰ মাজত ৰৈ আছে বুলি মত প্ৰকাশ কৰিছিল

(৩১)মহম্মদ তৈয়ব আলী আছিল এগৰাকী বেৰেলভী পণ্ডিত। তেওঁ তেওঁৰ গ্ৰন্থত জিন্নাহৰ বিৰুদ্ধে লিখিছে

(৩২) মহম্মদ আব্দুৰ ৰহিম এগৰাকী শান্তিকামী কৰ্মী আছিল । তেওঁ মুছলিম লীগৰ দ্বি-জাতি তত্ত্বৰ বিৰুদ্ধে মুছলিম জনগণক সংগঠিত কৰিছিল ।

(৩৩) দাৰুল উলুম দেওবন্দৰ লগত জড়িত মুফতি মাহমুদে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷ (৩৪) মুখতাৰ আহমদ আনছাৰিয়ে জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰিছিল ।

(৩৫) নবাব জাদা নাচৰুল্লাহ খানে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ লগত সম্পর্ক ৰাখি ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷

(৩৬) পুৰষোত্তম দাস টেণ্ডনে ভাৰত বিভাজনৰ বিৰোধিতা কৰি হিন্দু-মুছলিম ঐক্যৰ পক্ষে উকালতি কৰিছিল। তেওঁ মত ব্যক্ত কৰিছিল যে, ভাৰত বিভাজনৰ প্ৰস্তাৱ সমৰ্থন মানে ব্ৰিটিছ আৰু মুছলিম লীগৰ ওচৰত আত্মসমর্পণ। বিভাজনে কোনো পক্ষৰে উপকাৰ নকৰে, বৰং পাকিস্তানৰ হিন্দু আৰু ভাৰতৰ মুছলমান উভয়ে ত্ৰাসৰ মাজত বসবাস কৰিব

(৩৭) ৰফি কিদওয়াই মহাত্মা গান্ধীৰ অখণ্ড ভাৰতৰ সপোনক সমৰ্থন কৰিছিল।

(৩৮) ছাইফুদ্দিন কিচলু কাশ্মীৰী নেতা আছিল আৰু তেওঁ পাঞ্জাৱ প্ৰাদেশিক কমিটিৰ সভাপতি আছিল। তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ ভাৰত বিভাজনক সাম্প্ৰদায়িকতাৰ পক্ষে জাতীয়তাবাদৰ আত্মসমৰ্পণ বুলি অভিহিত কৰিছিল। তেওঁ ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰিছিল ৷ তেওঁ ভাবিছিল, ভাৰত বিভাজনৰ ফলত বেলেগ লাভ নহয়, মাথোন মুছলিমসকলৰ ৰাজনৈতিক মুক্তি আৰু অৰ্থনৈতিক ক্ষেত্ৰ দুৰ্বল কৰিব ৷

(৩৯) চলমান খুৰশিদেও ভাৰত বিভাজনৰ সমালোচনা কৰে। তেওঁ মত প্ৰকাশ কৰে যে, এক উদাৰ গণতন্ত্ৰ আৰু আনুপাতিক প্রতিনিধিত্বসহ অখণ্ড ভাৰত ভাৰতীয় উপমহাদেশৰ মুছলমানৰ কাৰণে অধিক ভাল হ'লহেঁতেন । দক্ষিণ আফ্ৰিকাৰ বিভাজন মানি নোলোৱাৰ কাৰণে তেওঁ নেলচন মেণ্ডেলাৰ প্ৰশংসা কৰে ।

(৪০) শওকত শাহ আনছাৰিয়ে জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰে । (৪১) শেখ আবদুল্ল্যাহই মহাত্মা গান্ধীৰ অখণ্ড ভাৰতৰ স্বপ্নক সমৰ্থন কৰিছিল । (৪২) শিবলী নোমানীয়ে জিন্নাহৰ দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰে । (৪৩) তেতিয়াৰ পাঞ্জাৱৰ প্ৰধানমন্ত্ৰী চিকান্দাৰ হায়াতে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷ কাৰণ তেওঁ পাঞ্জাৱ বিভাজনৰ পৰিণতি বেদনাদায়ক হ'ব বুলি ধাৰণা কৰিছিল ৷

(৪৪) ছৈয়দ চুলতান আহমদে ভাৰত বিভাজনৰ বিৰোধিতা কৰি এম, চি, দাভাৰক সমৰ্থন কৰিছিল ৷

(৪৫) ছৈয়দ মহম্মদ শৰিফুদ্দিন কাদৰী-এ লোণ আইন ভংগতথা মহাত্মা গান্ধীৰ দাণ্ডিযাত্ৰাৰ সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। তেওঁ দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰিছিল আৰু মাহাত্মা গান্ধীৰ দৰে কাৰাবাস খাটিছিল।

(৪৬) কৃষক প্রজা দলৰ ছৈয়দ হাবিব-উল-ৰহমানে ভাৰত বিভাজন অযৌক্তিক আৰু কাল্পনিক বুলি যুক্তি দাঙি ধৰিছিল। সমগ্ৰ বংগ প্ৰদেশ আৰু ভাৰত বিভাজনৰ সমালোচনা কৰি তেওঁ কৈছিল, ভাৰতীয় হিন্দু আৰু মুছলমান উভয়ে এখন অভিন্ন মাতৃভূমিত বসবাস কৰে, এক অভিন্ন ভাষা আৰু অভিন্ন সাহিত্যৰ শাখাবোৰ ব্যৱহাৰ কৰি তেওঁলোক গর্বিত। এখন অভিন্ন ভূমিত শতাব্দীৰ পাছত শতাব্দী ব্যাপী বসবাস কৰাৰ ফলত হিন্দু আৰু মুছলিমৰ মাজত এক অভিন্ন সমন্বিত সংস্কৃতিৰ ঐতিহ্য গঢ় লৈ উঠিছে।

(৪৭) ৰাজ্যসভাৰ সাংসদ তৰুণ বিজয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লগত জড়িত আছিল। তেওঁ ভাৰত বিভাজনৰ সমালোচনা কৰিছিল। ভাৰত বিভাজনৰ কাৰণে তেওঁ ব্ৰিটিছ চৰকাৰক দোষাৰূপ কৰিছিল। হিন্দু-মুছলমানৰ একেই সাংস্কৃতিক ঐতিহ্যৰ কাৰণে তেওঁ ভাৰতীয় উপমহাদেশক একত্ৰীকৰণৰ পক্ষে যুক্তি দাঙি ধৰে। তৰুণ বিজয়ে বিশ্বাস কৰে যে, প্রকৃতিয়ে হিন্দুস্তান বা ভাৰত নামে এক সমন্বিত সত্ত্বা প্রতিষ্ঠা কৰিছে। তেওঁৰ বাংলাদেশ আৰু পাকিস্তান ভ্ৰমণৰ সময়ত সেই ঠাইৰ মানুহে ভাৰতীয়ৰ লগত তেওঁলোকৰ ঘনিষ্ট সম্পর্ক থকাৰ কথা প্ৰকাশ কৰিছে। আমেৰিকান গৃহযুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰত বিচ্ছিন্নতাবাদী প্ৰৱণতা অস্বীকাৰ কৰাৰ কাৰণে তেওঁ আব্রাহাম লিঙ্কনক প্রশংসা কৰিছে।

(৪৮) আন্তর্জাতিক মার্ক্সবাদী প্ৰৱণতাৰ প্ৰতিষ্ঠাতা টেড গ্ৰাণ্ট-এ ভাৰত বিভাজনৰ তীব্ৰ সমালোচনা কৰিছিল আৰু ভাৰত বিভাজনক ব্ৰিটিছ সাম্ৰাজ্যবাদ দ্বাৰা পৰিচালিত এক অপৰাধ বুলি অভিহিত কৰিছিল, যাতে ব্ৰিটিছে ভাৰতক মিলিটাৰীৰ উপস্থিতি অবিহনেইবাহিৰৰ পৰা নিয়ন্ত্ৰণ কৰা সহজ হয় ৷

(৪৯) কাপুৰথালাৰ টিক্কা ৰজা শত্রুজিৎ সিংহ-এ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল আৰু ভাৰতক পুনৰ একত্ৰীকৰণৰ পক্ষে আছিল। ঔপনিৱেশিক ভাৰতৰ কাপুৰথালা ৰাজ্যত বিৰাজমান সাম্প্রদায়িক সম্প্ৰীতিৰ কথা উল্লেখ কৰি তেওঁ কৈছিল, তাত হিন্দু-মুছলমান আৰু শিখসকলে শান্তিত বসবাস কৰিছিল। তেওঁৰ মতে, ধৰ্মনিৰপেক্ষ আৰু অখণ্ড ভাৰত বিশ্বৰ ছুপাৰ পাওয়াৰলহেঁতেন ।

(৫০) পাকিস্তান নিৰ্মাণৰ বাবে বিচ্ছিন্নতাবাদী প্ৰচাৰণাৰ বিৰুদ্ধে থিয় হোৱাৰ কাৰণে উবায়দুল্ল্যাহ সিন্ধি ১৯৪০ চনত কুম্বকোণামত এখন সন্মিলনৰ আয়োজন কৰিছিল। তেওঁ কৈছিল, যদি এই জাতীয় পৰিকল্পনাবোৰ বাস্তৱসন্মতভাবে বিবেচনা কৰা হয়, তেনেহ'লে অবিলম্বে স্পষ্ট হৈ উঠিব যে, বিভাজন মাথোন ভাৰতীয় মুছলমানৰ কাৰণেই নহয়, সমগ্ৰ বিশ্বৰ মুছলমানৰ কাৰণে কিমান ক্ষতিকাৰক

(৫১) যদিও বিনায়ক দামোদৰ সাভাৰকাৰ ভাৰতত হিন্দু আৰু মুছলমান দু'টি জাতিৰ উপস্থিতি লক্ষ্য কৰিছিল, তথাপি তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷

(৫২) ভাৰতৰ প্ৰাক্তন সন্মানীয় ৰাষ্ট্ৰপতি জাকিৰ হোছেইনে মহাত্মা গান্ধীৰ সপোনৰ অখণ্ড ভাৰত সমৰ্থন কৰিছিল।

সামৰিক কৰ্মকৰ্তা- নাথু সিং ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল। তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে, ব্ৰিটিছসকলে ভাৰতক দুৰ্বল কৰাৰ কাৰণে ইচ্ছাকৃতভাবে ভাৰত বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, এই আশাত যে, তেনে কৰিলে ভাৰতীয়সকলে তেওঁলোকক দীর্ঘদিন শাসন কৰাৰ সুযোগ প্ৰদান কৰিব। সিংয়ে কৈছিল, অবিভক্ত ভাৰতৰ সশস্ত্ৰ বাহিনী সাম্প্রদায়িক ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল। তেওঁলোকে দেশক ধৰি ৰাখিবলৈ আৰু বিভাজন এৰুৱাবলৈ সক্ষম আছিল।

                

          ইতিহাসবিদ আৰু শিক্ষাবিদ

(১) এছিয়া ও মধ্য-প্রাচ্যৰ আৰবানাৰ অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ৰাজমোহন গান্ধীয়ে কৈছিল- ভাৰত বিভাজনক স্বাগত জনোৱাৰ অৰ্থ আছিল, বিভিন্ন প্ৰেক্ষাপট আৰু ভিন্ন তেজৰ মানুহ এখন দেশত একেলগে বসবাস কৰিব নোৱাৰে। এয়া এক প্ৰতাৰণামূলক বাৰ্তা আছিল ।

(২) আলাইন দানিয়েল ফৰাচী ইতিহাসবিদ আছিল। তেওঁ ভাৰত বিভাজনক মানৱীয়তাৰ সমান্তৰালভাবে ৰাজনৈতিক উভয় ক্ষেত্রতে মহাভুল আছিল বুলি মন্তব্য কৰিছিল। দানিয়েলে পাকিস্তানক ভাৰতৰ বোজা আৰু অস্থিতিশীল ৰাষ্ট্ৰ বুলি অভিহিত কৰিছিল। তেওঁ কৈছিল যে, বিভাজনৰ ফলত (ভাৰত যাৰ প্ৰাচীন সীমা আফগানিস্তান পর্যন্ত বিস্তৃত আছিল) ভাৰত সভ্যতাৰ কেন্দ্ৰ সাত নদীৰ দেশ (সিন্ধু উপত্যকা) হেৰাইছে ।

(৩) ভাৰতীয় শিক্ষাবিদ ও ইতিহাসবিদ ছৈয়দ তোফায়েল আহমদ মাঙ্গলোৰিয়ে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ ধৰ্মৰ ভিত্তিত পৃথক নির্বাচনমণ্ডলীৰ ধাৰণাৰ বিৰুদ্ধেও প্ৰচাৰ চলাইছিল । তেওঁ ৰুহ-ই-ৰওশন মেস্তাকবিল' ৰচনা কৰিছিল। তাত তেওঁ পাকিস্তানৰ বিচ্ছিন্নতাবাদী ধাৰণাৰ বিৰুদ্ধে যুক্তি দাঙি ধৰিছিল ।

(৪) ম্যাকগিল বিশ্ববিদ্যালয়ৰ তুলনামূলক ধৰ্মৰ অধ্যাপক অৰবিন্দ শর্মা, হার্ভে কক্স হাভার্ড বিশ্ববিদ্যালয়ৰ ডিভাইনিটিৰ অধ্যাপক, কনকর্ডিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক মনজুৰ আহমদ আৰু ইউনিভাৰ্চিটী ডে মন্ট্রিলৰ ভাষাবিজ্ঞানৰ অধ্যাপক ৰাজেন্দ্ৰ সিংয়ে কৈছে, দক্ষিণ এছিয়াৰ অভ্যন্তৰত অস্থিৰতা আৰু সাম্প্ৰদায়িক সহিংসতা ভাৰত বিভাজনৰ পৰিণিতি, যি ১৯৪৭ চনৰ পূৰ্বৰ ঔপনিৱেশিক ভাৰতত গণভোট নোহোৱাকৈয়ে হৈছিল। এইসকল অধ্যাপকে বৰ্ণনা কৰিছে যে, ভাৰতীয় উপমহাদেশৰ বাসিন্দাসকলে ১৯৪৭ চনত তেওঁলোকৰ ওপৰত কৰা অবিচাৰৰ মৰ্মান্তিকতা এই মুহূর্তে স্মৰণ কৰি আছে, যেহেতু ব্ৰিটিছ ভাৰতত বাসিন্দাসকলৰ ইচ্ছাক বিবেচনা নকৰাকৈ ভাৰত বিভাজন কৰা হৈছিল শৰ্মা, কক্স, আহমদ আৰু সিংয়ে আৰু লিখিছে, ‘আমি দুঃখিত যে, বিশ্বৰ জনসংখ্যাৰ এক চতুর্থাংশৰ ভাগ্য এক সাম্রাজ্যবাদী শক্তি দ্বাৰা নিৰ্বিচাৰে সিদ্ধান্ত লোৱা হৈছে। ১৯৯২ চনত দ্য নিউ ইয়র্ক টাইমচ’-এ দাবী কৰিছিল যে, ‘ভাৰত আৰু পাকিস্তান বিভাজন হোৱাৰ প্ৰশ্নত ব্ৰিটিছ ভাৰতৰ অন্তর্ভুক্ত সমগ্ৰ অঞ্চলৰ ওপৰত গণভোট অনুষ্ঠিত হ'ব লাগে ।

বিজ্ঞানী- বিজ্ঞানী পাৰভেজ হুডবয়-এ ভাৰত বিভাজনৰ সমালোচনা কৰিছে ৷ এটা সময়ত একেলগে শান্তিপূর্ণভাবে বসবাস কৰা মানুহবিলাক বিচ্ছিন্ন হৈ বসবাস কৰিব লগা হোৱাটোক তেওঁ অবৰ্ণনীয় ট্রেজেডি' বুলি অভিহিত কৰিছে

লেখক-(১) ভাৰতীয় সাংবাদিক সমিতিৰ সভাপতি আশীষ ৰায়-এ ২০১৮ চনত অক্সফোর্ড ইউনিয়নে আয়োজিত কৰা এক বিতৰ্কত অংশগ্রহণ কৰি তেওঁ ভাৰত বিভাজনৰ সমালোচনা কৰি কৈছিল যে, তেওঁ ভাবে, অখণ্ড ভাৰতত হিন্দু-মুছলমান একেলগে শান্তিপূর্ণভাবে বসবাস কৰিব পাৰিলেহেঁতেন।

(২) হাছৰাত মোহানি এগৰাকী উর্দু কবি আছিল। তেওঁ উর্দু শব্দগুচ্ছ ইনকিলাব জিন্দাবাদ’(বিপ্লৱ দীৰ্ঘজীৱী হওঁক) উদ্ভাৱন কৰিছিল। তেওঁ দ্বি-জাতি তত্ত্বৰ বিৰোধিতা কৰিছিল ৷ ভাৰত বিভাজন হোৱাৰ পাছত তেওঁ ভাৰততে থাকি গৈছিল।

(৩) জৌন এলিয়া কমিউনিষ্ট মতাদর্শত বিশ্বাসী আছিল । তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷ দেশ বিভাজনৰ পাছত তেওঁ কৰাচীলৈ গৈ বসবাস কৰিছিল। তথাপি তেওঁ তেওঁৰ জন্ম চহৰ উত্তৰ প্ৰদেশৰ আমৰোহাক পাহৰিব পৰা নাছিল । পাকিস্তান গঠনক তেওঁ আলীগড়ৰ অভিজাত মুছলমানসকলৰ দ্বাৰা জনগণৰ ওপৰত খেলা কৌতুক হিচাপে বিবেচনা কৰিছিল ৷

(৪) ভাৰত বিভাজনৰ এবছৰৰো কম সময়ৰ ভিতৰত এম, আলেক্সিয়েভ-এ বলশেভিক ভাষাত লিখিছিল-কৃষক বিপ্লৱৰ ভয়ত মুছলিম লীগ নেতৃবৰ্গ ব্ৰিটিছসকলৰ লগত একমত হৈ ভাৰত বিভাজন আৰু ব্ৰিটিছ আধিপত্য বৰ্তাই ৰখাৰ পক্ষত আছিল । তেওঁলোকে হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় বিদ্বেষ বিয়পাই মুছলিম ৰাষ্ট্ৰ গঠনৰ দাবী জনাইছিল। ভাৰত বিভাজনে হিন্দু আৰু মুছলমানৰ কোনো এটি সমস্যা সমাধান কৰিব পৰা নাই। পক্ষান্তৰে ধৰ্মীয় বিভেদক তীব্ৰ কৰি তুলিছে। বিশেষকৈ পাঞ্জাৱ প্ৰদেশ বিভাজনৰ ফলত হিন্দু, শিখ আৰু মুছলিমৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষক প্ৰৰোচিত কৰিছে। লক্ষ লক্ষ শৰণাৰ্থী এখন ৰাষ্ট্ৰৰ পৰা অন্য এখন ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিব লগা হৈছে। হিন্দু আৰু শিখসকল ভাৰতলৈ আৰু মুছলমানসকল পাকিস্তানলৈ পলাই গৈছে। কোনো কোনো গাঁও সম্পূৰ্ণৰূপে জনবসতিশূন্য হৈ গৈছে। ফচল সংগ্ৰহ কৰা হোৱা নাই, খেতি কৰা হোৱা নাই। সশস্ত্র দলসমূহ ফেচিবাদী লাইনত সংগঠিত, ব্ৰিটিছৰ গোপন পুলিচৰ দ্বাৰা অনুপ্ৰাণিত। ভাৰতত মুছলমানসকলক আৰু পাকিস্তানত হিন্দু ও শিখসকলক গণহত্যা কৰা হৈছে। ভাৰত আৰু পাকিস্তানৰ ভ্ৰাতৃঘাতী সংঘর্ষ ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু ব্ৰিটিছৰ দালালসকলৰ কাৰণে লাভদায়ক আছিল ৷ ৰাজনৈতিক আৰু অৰ্থনৈতিক আধিপত্য বজায় ৰখাৰ স্বাৰ্থত ব্ৰিটিছ সাম্ৰাজবাদে ভাৰত বিভাজন কৰিছিল। ব্ৰিটিছ লেবাৰ পাৰ্টীৰ কৌশল কাৰ্যকৰ কৰা সম্ভৱ হোৱাৰ কাৰণ আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকৰ লগত এক নিৰ্দিষ্ট চুক্তি বজায় ৰাখিছিল আৰু লেবাৰ পাৰ্টিৰ মন্ত্ৰীসভাৰ লগত আপোচ কৰি চলিব বিচাৰিছিল । কংগ্ৰেছে ব্ৰিটিছ কনজাৰভেটিভ শ্রমিক(লেবাৰ) দলৰ চৰকাৰৰ প্ৰস্তাৱিত ভাৰত বিভাজনৰ পৰিকল্পনা সমৰ্থন কৰিছিল । এই তথ্যই সত্য প্রমাণিত কৰে যে, ভাৰত বিভাজনৰ পৰিকল্পনা সম্পূর্ণভাবে ব্ৰিটিছ সাম্রাজ্যবাদী পৰিকল্পনা আৰু তেওঁলোকৰ স্বাৰ্থৰ লগত সামঞ্জস্যপূর্ণ। ব্ৰিটিছ হাউছ অফ কমন্স আৰু হাউছ অফ লর্ডচত বিলৰ ওপৰত বিতৰ্ক চলাকালীন কনজাৰভেটিভ পাৰ্টীৰ নেতাসকলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে চৰকাৰৰ পৰিকল্পনাক অভিনন্দন জনাইছিল। ভাৰত বিভাজন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আধিপত্য বজায় ৰখাৰ কাৰণে ভাৰত আৰু পাকিস্তানক ব্ৰিটিছে ডমিনিয়ন(আধিপত্য)ৰ মৰ্যদা প্ৰদান কৰিছিল। ব্ৰিটিছ পুঁজি অতীতৰ দৰেই সম্পূৰ্ণৰূপে ভাৰত আৰু পাকিস্তানৰ অৰ্থনীতিত কমাণ্ডিং অৱস্থান দখল কৰি আছে ৷ ভাৰতৰ ঔপনিৱেশিক শোষণৰ এক শক্তিশালী লিভাৰ(lever) 'ল বেংকিং ব্যৱস্থা ৷ ভাৰতৰ দুটা বেংকৰ বাহিৰে বৃহৎ বেংকসমূহ ব্ৰিটিছসকলৰ দ্বাৰা একচেটিয়াভাবে পৰিচালিত । (এই বিষয়ে বৰ্তমানৰ অৱস্থান জনাটো জৰুৰী)। ব্ৰিটিছে ভাৰতৰ শিল্প, ৰে'লওৱে আৰু বন্দৰত পুঁজি বিনিয়োগ কৰিব পাৰে। ভাৰতীয় শিল্প সম্পূৰ্ণৰূপে ব্ৰিটিছ বেংকাৰ সকলৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ পাট ও চাহ শিল্পৰ আধাৰো বেছি, লো ও ইস্পাত শিল্পৰ এক তৃতীয়াংশ, সমগ্ৰ খনিজ উৎপাদন, ৰবৰ বাগান প্রভৃতি ব্ৰিটিছসকলৰ অধীনত৷

স্মৰণযোগ্য যে, ব্ৰিটিছসকল ভাৰত এৰি যোৱাৰ সময়ত ভাৰতৰ স্বাক্ষৰতাৰ হাৰ আছিল মাথোন ১৬ শতাংশ, প্রয়োজনীয় চাহিদা পূৰণৰ ক্ষমতা আছিল ২৭ শতাংশৰ আৰু ৯০ শতাংশৰো অধিক লোক দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰিছিল ৷

(৫) বিশিষ্ট লেখক ছাদাত হাছান মণ্টো ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ ভাৰত বিভাজনক তেওঁ অপ্ৰতিৰোধ্য ট্ৰেজেডি' আৰু বিবেকহীন বলিয়ালি' হিচাপে বিবেচনা কৰিছিল ৷ ভাৰত বিভাজন সম্পৰ্কে ৰচনা কৰা সাহিত্যৰ কাৰণে মূলতঃ তেওঁক স্মৰণ কৰা হয় ৷

(৬)শ্ৰী অৰবিন্দ এজন দার্শনিক, যোগী আৰু কবি আছিল। তেওঁ ভাৰত বিভাজনক অদ্ভুত কাণ্ডহিচাপে বিবেচনা কৰিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত তেওঁ কৈছিল- জাতি চিৰকালৰ কাৰণে মীমাংসাকৃত সত্যক গ্ৰহণ কৰিব, অস্থায়ী সত্যক গ্ৰহণ নকৰে। তেওঁ আৰু কৈছিল যে, যদি এয়া(বিভাজন) স্থায়ী হয়, ভাৰত গুৰুতৰভাবে দুৰ্বল হ'ব পাৰে, এনেকি পঙ্গুও হ'ব পাৰে। গৃহযুদ্ধ সকলো সময়ত সম্ভৱ হ'ব পাৰে, এনেকি এক নতুন আক্ৰমণ আৰু বিজয়ও সম্ভৱ। দেশ বিভাজন হ'ব পাৰে, কিন্তু ইয়াৰ বাবে ভাৰতৰ ভাগ্য গুৰুতৰভাবে প্রতিবন্ধী বা নিৰাশাজনক হ'ব পাৰে। অৱশ্যে সেয়া হোৱাটো উচিত নহয়।' শ্ৰী অৰবিন্দই দ্বি-জাতি তত্ত্বক সাপৰ নতুন বিহু দাঁতআৰু তথ্যৰ বিপৰীতেজিন্নাহৰ দ্বাৰা তেওঁৰ নিজস্ব স্বার্থৰ উদ্দেশ্যে উদ্ভাৱিত হিচাপে দেখিছিল। তেওঁ লিখিছিল যে, ভাৰতীয় মুছলমানৰ ৯০ শতাংশৰো অধিক ধৰ্মান্তৰিত । তেওঁলোক হিন্দুসকলৰ বংশধৰ। হিন্দুসকলৰ দৰে মুছলমানসকলো ভাৰতীয় জাতিৰ অন্তর্গত। জিন্নাহ নিজেই জিন্নাহভাই নামে এজন হিন্দুৰ বংশধৰ ৷

(৭) তাকে ফতেহ এজন কানাডিয়ান সাংবাদিক আৰু লেখক । তেওঁ ভাৰত বিভাজনৰ সমালোচনা কৰি বিভাজনক দুঃখজনক' বুলি অভিহিত কৰিছিল। তেওঁ শোকপ্রকাশ কৰিছিল যে, ব্ৰিটিছসকলে তেওঁৰ জন্মভূমি পাঞ্জাৱক দুটুকুৰা কৰি থৈ গৈছে। তেওঁ কৈছে যে, ব্ৰিটিছ চৰকাৰে ভাৰতক বিভাজন কৰিছিল, যাতে তেওঁলোকে উত্তৰ-পশ্চিম ঔপনিৱেশিক ভাৰতত(বৰ্তমান পাকিস্তান) ব্ৰিটিছ সামৰিক ঘাটি স্থাপন কৰি চোভিয়েত ৰাছিয়াৰ প্ৰভাৱৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সক্ষম হ'ব পাৰে।

                 

            ধৰ্মীয় নেতা আৰু সংগঠন

(১) ভাৰতীয় খ্ৰীষ্টানসকলৰ সৰ্বভাৰতীয় সন্মিলনে ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল । তেওঁলোকে ধৰ্মৰ ভিত্তিত পৃথক নির্বাচকমণ্ডলী তৈয়াৰীৰো বিৰোধী আছিল। তেওঁলোকে স্বৰাজ সমৰ্থন কৰিছিল আৰু ভাৰতীয় সংবিধানত সংখ্যালঘুসকলৰ স্বাৰ্থ নিশ্চিত কৰাত সহায় কৰিছিল ৷

(২) দাৰুল-উলুম দেওবন্দ-এ ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল ৷ পক্ষান্তৰে সমন্বিত জাতীয়তাবাদ আৰু অখণ্ড ভাৰতৰ পক্ষ সমর্থন কৰিছিল ৷ (৩) জামাত-ই- ইছলামী-এ ভাৰত বিভাজনৰ বিৰুদ্ধে সক্রিয়ভাবে কাম কৰিছিল। জামাত-ই- ইছলামীৰ নেতা আবুল আলা মাওদুদী ভাৰত বিভাজনক ইছলামিক আদৰ্শৰ পৰিপন্থী বুলি মন্তব্য কৰিছিল।

(৪) মহম্মদ সাজ্জাদ মুছলিম লীগ আৰু জিন্নাহৰ পাকিস্তান দাবীৰ মতাদৰ্শক মোকাবিলা কৰিবলৈ দুর্দান্ত ভূমিকা পালন কৰিছিল। পক্ষান্তৰে তেওঁ সমন্বিত জাতীয়তাবাদৰ পক্ষ সমৰ্থন কৰিছিল। (৫) জাকিৰ নায়েক ভাৰত বিভাজন আৰু পাকিস্তান সৃষ্টিৰ সমালোচনা আৰু ইয়াক ট্রেজেডি হিচাপে অভিহিত কৰে ।

(৬) ঔপনিৱেশিক ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ মুছলমানসকলো ভাৰত বিভাজনৰ বিপক্ষে আছিল ৷

 

            ভাৰত-পাকিস্তান পুনৰ মিলন প্ৰস্তাৱ

বিভাজন পূৰ্বাৱস্থাৰ ভাৰতক পুনৰ একত্ৰীকৰণ কৰাৰ বিষয়টো ভাৰতীয় আৰু পাকিস্তানী উভয়েই আলোচনা কৰে। দ্য নেশ্বন, কাশ্মীৰী ভাৰতীয় ৰাজনীতিবিদ, মার্কণ্ডেয় কাটজু এখন ধৰ্মনিৰপেক্ষ চৰকাৰৰ অধীনত ভাৰতৰ লগত পাকিস্তানৰ মিলনৰ পক্ষত কথা কৈছে। তেওঁ কৈছে যে, বিভাজনৰ কাৰণ আছিল ব্ৰিটিছৰ বিভেদ আৰু শাসন নীতি'যেতিয়া ব্ৰিটিছসকলে লক্ষ্য কৰিছিল যে, ভাৰতীয় হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ে ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ একেলগে মাৰবান্ধি থিয় দিছে, তেতিয়া সাম্প্রদায়িক বিভেদ বিয়পোৱাৰ কাৰণে তেওঁলোকে বিভেদ আৰু শাসন নীতিৰ আশ্ৰয় লৈছিল। কাটজু ইণ্ডিয়ান ৰিইউনিফিকেশ্বৰ চেয়াৰমেন হিচাপে কাম কৰিছে ৷

আল্লামা মাশৰিকীৰ নাতি, পাকিস্তানী ৰাজনীতিবিদ নাছিম ইউছুফেও ২০০৯ চনৰ ৯ অক্টোবৰত নিউ ইয়র্কৰ এছিয়ান ষ্টাজিৰ সন্মিলনত ভাৰত আৰু পাকিস্তান পুনৰ একত্ৰীকৰণৰ ধাৰণা উপস্থাপন কৰিছিল। ইউছুফ-এ কৈছিল যে, ভাৰত বিভাজন ব্ৰিটিছৰ বিভেদ আৰু শাসন নীতিৰ ফল । কমিউনিজমৰ বিস্তাৰ ৰোধ কৰাৰ কাৰণে ভাৰত আৰু ছোভিয়েত ৰাছিয়াৰ মাজত বাফাৰৰাষ্ট্ৰ তৈয়াৰ কৰাৰ কাৰণে ভাৰত বিভাজন কৰা হৈছিল। এয়াও সত্য যে, ভাৰতক বিশ্বশক্তি হিচাপে আৱির্ভূত হোৱাত বাধা প্ৰদান আৰু দুটা জাতিক প্রধান শক্তিৰ ওচৰত নিৰ্ভৰশীল কৰি ৰখাৰ কাৰণে ভাৰত বিভাজন কৰা হৈছিল।

ইউছুফ-এ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কালামৰ এটি লেখাৰ উদ্ধৃতি দিছে- যদি অখণ্ড ভাৰত স্বাধীন হ'লহেঁতেন......ভাৰতৰ অৰ্থনীতি আৰু শিল্প জীৱনত ব্ৰিটিছে তাৰ অৱস্থান ধৰি ৰখাৰ সম্ভাৱনা কম থাকিলহেঁতেন। ভাৰত বিভাজন মানে মুছলিম সংখ্যাগৰিষ্ট প্ৰদেশসমূহক লৈ এখন পৃথক আৰু স্বাধীন ৰাষ্ট্ৰ গঠন কৰিলে তাত ব্ৰিটিছে ভৰি ৰখাৰ সুযোগ পাব। মুছলিম লীগ অধ্যুষিত এখন ৰাষ্ট্ৰ য'ত ব্ৰিটিছসকলৰ প্ৰভাৱৰ এটি স্থায়ী ক্ষেত্র প্রতিষ্ঠা হ'ব। বিভাজনে ভাৰতৰ মনোভাৱকো প্ৰভাৱিত কৰিব। পাকিস্তানত ব্ৰিটিছ ঘাঁটি থকাৰ কাৰণে ভাৰত ব্ৰিটিছৰ প্ৰতি অধিক মনযোগ দিব লাগিব, নহ'লে ব্ৰিটিছে অন্য কিবা কৰিব পাৰে ।........ভাৰত বিভাজনে বস্তুতঃ ব্ৰিটিছসকলৰ পক্ষে পৰিস্থিতি পৰিৱৰ্তন কৰিব৷

ইউছুফ-এ ধাৰণা কৰে যে, নিখিল ভাৰতীয় মুছলিম লীগৰ সভাপতি আৰু পাছত পাকিস্তানৰ প্রতিষ্ঠাতা মহম্মদ আলী জিন্নাহই মুছলিম সম্প্রদায়ক বিভ্ৰান্ত কৰিছে, যাতে তেওঁ মুছলিম স্বাৰ্থৰ ত্রাণকর্তা হিচাপে, পাকিস্তানৰ প্ৰতিষ্ঠাতা আৰু প্ৰথম গভর্নৰ হিচাপে ইতিহাসত নাম লিপিৱদ্ধ কৰিব পাৰে ৷

জাতীয়তাবাদী মুছলিম আল্লামা মাশৰিকীৰ মতে, জিন্নাহই তেওঁৰ ৰাজনৈতিক জীৱনত ব্ৰিটিছৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈছে। এয়া সত্য যে, উপমহাদেশৰ প্ৰাণকেন্দ্ৰৰ অধিকাংশ মুছলিম সদ্য সৃষ্ট পাকিস্তানলৈ স্থানান্তৰ হোৱাৰ পৰিৱৰ্তে তেওঁলোক য'ত আছিল, তাতেই ৰৈ গৈছে। ভাৰত আৰু পাকিস্তান বর্তমান তেওঁলোকৰ বাজেটৰ উল্লেখযোগ্য পৰিমাণ অৰ্থ সামৰিক খাতত বৰাদ্দ কৰে। যিবোৰ অৰ্থ, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত ব্যয় কৰিব পাৰিলেহেঁতেন। দাৰিদ্ৰ, গৃহহীনতা, নিৰক্ষৰতা, সন্ত্ৰাসবাদৰ সমস্যা আৰু চিকিৎসা সুবিধাৰ অভাৱ আদি সমস্যা উভয় দেশতে ৰৈ আছে। ইউচুফ মতে, অবিভক্ত ভাৰতক এইবোৰ সমস্যাই জৰ্জৰিত নকৰিলেহেঁতেন। পক্ষান্তৰে অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত অধিক সুবিধা হ'লহেঁতেন। ইউছুফ-এ বৰ্ণনা কৰিছে যে, ভাৰতীয় আৰু পাকিস্তানীয়ে একে ভাষাত কথা কয়, একে পোচাক পিন্ধে, একে খাদ্য গ্রহণ কৰে, একে সঙ্গীত আৰু চলচ্চিত্ৰ উপভোগ কৰে, একে শৈলীত যোগাযোগ কৰে। তেওঁ যুক্তি দৰ্শায় যে, ভাৰত আৰু পাকিস্তান ঐক্যবদ্ধ হোৱাটো প্ৰত্যাহবান (চেলেঞ্জ) হ', যদিও অসম্ভৱ নহয়। বার্লিন প্রাচীৰৰ পতন আৰু জাৰ্মানৰ পুনৰ মিলনক তেওঁ উদাহৰণ হিচাপে উল্লেখ কৰিছে।

ফৰাচী সাংবাদিক ফ্রাঁসোয়া গোটিয়েৰ আৰু ৰাজনীতিবিদ লাল খানে মত প্রকাশ কৰিছে যে, ভাৰত পাকিস্তানৰ পুনৰ মিলন হ'লে, জন্মু আৰু কাশ্মীৰ অঞ্চলৰ সংঘাত সমাধান হ'ব।

উপৰোক্ত ব্যক্তিবর্গৰ সমালোচনাৰ পৰা এষাৰ কথা স্পষ্ট হৈ পৰে যে, ভাৰত বিভাজনৰ ক্ষেত্ৰত সাধাৰণ লোকৰ সমৰ্থ নাছিল ৷ এচাম ক্ষমতালোভী নেতাৰ ক্ষমতালিপ্সাৰ কাৰণে ভাৰত বিভাজন কৰা হৈছিল। বিশিষ্ট কিছুসংখ্যক ব্যক্তিয়ে ভবা ধৰণে, একমাত্র পাকিস্তান নহয়, যদি বাংলাদেশসহ পুনৰ মিলন হয়, ৰাজনৈতিক নেতাসকলৰ কিছু সংখ্যকৰ আপত্তি থাকিলেও সাধাৰণ জনতা নিশ্চয় সুখী হ'ব। *

(স্বাধীনতা আন্দোলনৰ দৃশ্যাংশ) )

 

                চমুকৈ ভাৰত বিভাজন

১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত বাংলাক পশ্চিম বংগ আৰু পূৰ্ব বংগ হিচাপে দুই ভাগত বিভাজন কৰা হৈছিল। বিভাজনৰ পাছত পূৰ্ব বংগৰ নাম পৰিৱৰ্তন কৰি পূৰ্ব পাকিস্তান ৰখা হৈছিল ৷ ঘটনাটো সংঘটিত হৈছিল ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টৰ ভিতৰত। পৰৱৰ্তী সময়ত ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামৰ মাধ্যমত পূর্ব পাকিস্তানবাংলাদেশ নামেৰে স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । স্মৰণযোগ্য যে, যেতিয়া ভাৰত বিভাগৰ কথা প্ৰস্তাৱ কৰা হৈছিল, তেতিয়া বংগক বিভাজনৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত কৰা হোৱা নাছিল। পাকিস্তানৰ সমৰ্থকসকলে যুক্তি দাঙি ধৰিছিল যে, একমাত্ৰ মুছলিম সকলে তেওঁলোকৰ নিজস্ব ৰাষ্ট্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। পক্ষান্তৰে হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতত তেওঁলোক বৈষম্যৰ চিকাৰ হ'ব। দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তিৰ পাছত ব্রিটেইন যিমান সোনকালে সম্ভৱ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদানৰ কাৰণে সংকল্পৱদ্ধ হয় আৰু পৰিস্থিতি সাপেক্ষে ভাৰত বিভাজনকে বাস্তৱ সন্মত উপায় বুলি ভাবিবলৈ আৰম্ভ কৰে ৷

১৯০৫ চনত ব্ৰিটিছ চৰকাৰে প্ৰশাসনিক সুবিধাৰ কাৰণে বৃহত্তৰ বাংলা বিভাজন কৰিছিল। তেতিয়া সমগ্ৰ ভাৰতব্যাপী জাতীয়তাবাদৰ উত্থান হৈছিল আৰু বাংলা বিভাজনৰ বিৰুদ্ধে ব্যাপক জনমত গঢ়ি উঠিছিল। ফলত ১৯১১ চনত বাংলাক পুনৰ একত্ৰিকৰণ কৰা হৈছিল। হিন্দুসকলে ১৯০৫ চনৰ বাংলা বিভাগৰ বিৰোধিতা কৰিছিল, পক্ষান্তৰে নানাবিধ সুযোগ-সুবিধাৰ কাৰণে মুছলিমসকল বাংলা বিভাগৰ প্রতি সহানুভূতিশীল আছিল। ১৯৪৭ চনত বাংলা ভাৰতৰ লগত থাকিবনে, পাকিস্তানৰ লগত থাকিব এই বিষয়ে হিন্দু আৰু মুছলমানসকলৰ বিশিষ্ট ব্যক্তিসকলে ভোট প্রদান কৰিছিল। তেতিয়া হিন্দুসকলে ভাৰতত থকাৰ কাৰণে বাংলা বিভাগৰ পক্ষে ভোট প্ৰদান কৰে আৰু মুছলমানসকলে ঐক্যৱদ্ধ যুক্তবাংলাৰ সমৰ্থনত ভোট প্রদান কৰে । তদানীন্তন বাংলাৰ মুখ্যমন্ত্ৰী সোহৰাওয়ার্দি চৰকাৰো যুক্ত বাংলাৰ পক্ষে অৱস্থান গ্ৰহণ কৰিছিল ৷

কিন্তু ব্ৰিটিছসকলে এই ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰে । কাৰণ তেওঁলোকে ভাবিছিল, বাংলাক স্বাধীনতা প্ৰদান কৰিলে, অন্যান্য প্রদেশসমূহেও স্বাধীন ৰাজ্য দাবী কৰিব, তেতিয়া কিছুমান অকাৰ্যকৰ ৰাজ্য সৃষ্টি হ'ব। তেতিয়া সংখ্যাগৰিষ্ঠ মুছলমানে পাকিস্তান দাবী কৰিছিল আৰু বংগক তেওঁলোকৰ লগত ৰাখিব বিচাৰিছিল । অৰ্থাৎ তেওঁলোকে বাংলা বিভাজন বিচৰা নাছিল। ১৯৭১ চনত তেওঁলোকে পশ্চিম পাকিস্তানৰ লগত তেওঁলোকৰ সাংস্কৃতিক ও ভাষাগত পার্থক্য উপলব্ধি কৰি স্বাধীন বাংলাদেশ দাবী কৰে আৰু ৩০ লাখ ছহিদৰ তেজৰ বিনিময়ত স্বাধীন সার্বভৌম ৰাষ্ট্ৰ বাংলাদেশ গঠন কৰে।

বৃহত্তৰ বাংলাৰ প্ৰশাসনিক সুবিধাৰ কাৰণে ১৯০৫ চনত হিন্দু সংখ্যাগৰিষ্ঠ পশ্চিম বংগক মুছলিম সংখ্যাগৰিষ্ঠ পূর্ববংগৰ পৰা পৃথক কৰা হৈছিল। ১৯০৫ চনৰ বংগ বিভাজন মুছলমানসকলৰ কাৰণে জনপ্রিয় আছিল, যেহেতু তেওঁলোকৰ কাৰণে নিজস্ব এখন প্ৰদেশ সৃষ্টি কৰা হৈছিল । পক্ষান্তৰে উভয় প্ৰদেশৰ হিন্দুসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ফলত সমগ্ৰ ভাৰতব্যাপী বিক্ষোভ, ধৰ্মঘট আৰু বিদেশী পণ্য বয়কট কৰা আৰম্ভ হৈছিল। এই বিভাজনক ঔপনিৱেশিক ঔদ্ধত্য আৰু বিভেদ ও শাসন নীতিৰ আধাৰত কৰা হৈছিল বুলি গণ্য কৰা হৈছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসক ছাৰ চাৰ্লচ মেটকাফে কৈছিল, বিদেশী পণ্যত জুই, সমদল, বিক্ষোভ, সংবাদপত্ৰ আৰু পোস্টাৰৰ জৰিয়তে কলিকতা জীৱন্ত হৈ উঠিছে। জনগণৰ মাজত ব্ৰিটিছ বিৰোধী আৰু স্ব-শাসনৰ মনোভাৱ গা কৰি উঠিছে । প্রকৃত পক্ষে বাংলা বিভাগৰ পৰা স্বদেশী আন্দোলন গা কৰি উঠিছিল ।

দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তিৰ পাছত ভাৰতৰ স্বাধীনতা আন্দোলন জোৰদাৰ হৈ উঠিছিল। ফলত ব্ৰিটেইনে ভাৰত শাসন কৰাৰ ইচ্ছা হেৰাই পেলাইছিল। ১৯৪৫ চনৰ জুলাই মাহত ক্লিমেণ্ট এটলীৰ শ্ৰমিক দল নতুনকৈ শাসন ক্ষমতা দখল কৰাৰ পাছত লৰ্ড মাউণ্টবেটেনক ১৯৪৭ চনৰ ২১ ফেব্ৰুৱাৰীত গভৰ্নৰ জেনেৰেল নিযুক্ত কৰি যিমানদূৰ সম্ভৱ সোনকালে ঔপনিৱেশিক শাসন অন্ত পেলোৱাৰ কাৰণে নির্দেশ দিছিল। নির্দেশমৰ্মে মাউণ্টবেটেন ১৯৪৭ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল ৷

বংগ বিভাজনৰ আগলৈকে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্বত থকা কংগ্ৰেছে ভাৰতীয় শাসনত ভাৰতীয়ৰ অংশ গ্ৰহণ বৃদ্ধিৰ কাৰণে প্ৰচাৰণা চলাইছিল। ১৯০৫ চনৰ পৰা পূৰ্ণ স্বাধীনতা অৰ্জন কৰাই তেওঁলোকৰ লক্ষ্য হৈ পৰিছিল। ১৯০৫ চনৰ ব্যৰ্থ বংগ বিভাজন ভাৰতীয় মানসিকতাক স্ব-শাসনৰ পৰা পূৰ্ণ স্বাধীনতাৰ ফালে পৰিচালিত কৰাৰ কাৰণে এক গুৰুত্বপূৰ্ণ অনুঘটক আছিল ।

বংগ বিভাজনৰ আগত পূৰ্ব আৰু পশ্চিম বংগৰ উভয় ধৰ্মৰ বহু বঙালী, বঙালী জাতীয়তাবাদৰ পক্ষপাতী আছিল ৷ বংগ ভঙ্গৰ পাছত পূৰ্ব বংগৰ বঙালী মুছলমানসকলে তেওঁলোকৰ হিন্দু প্রতিবেশী পৰা স্বতন্ত্ৰ এক সামাজিক, অর্থনৈতিক সম্প্রদায় হিচাপে নিজস্ব স্বতন্ত্ৰ পৰিচয় গঢ়ি তুলিবলৈ আৰম্ভ কৰে। ১৯১১ চনত যদিও বংগ ভংগ ৰদ কৰা হৈছিল, তথাপিও ইয়াৰ মাজতে পূৰ্ববংগৰ মুছলমানসকলে আইন সভাত আধিপত্য বিস্তাৰৰ সোৱাদ পাইছিল। ১৯০৬ চনত মুছলমানসকলৰ সুস্পষ্ট স্বাৰ্থ ৰক্ষাৰ কাৰণে পূৰ্ব বংগৰ ৰাজধানী ঢাকাত মুছলিম লীগ গঠন কৰে। ১৯১৬ চনত কংগ্ৰেছ আৰু মুছলিম লীগ উভয় দল সাম্প্রদায়িক স্বাৰ্থ ৰক্ষাৰ কাৰণে পৃথক নির্বাচনী এলেকা স্থাপনৰ সিদ্ধান্ত লয় । এয়া ১৯১৯ চনত আইনত পৰিণত হয়। ইয়াৰ ফলত বংগীয় আইন সভাত মুছলমানৰ আসন সংখ্যা বৃদ্ধি পায় ৷ ১৯৩০ চনৰ ২৯ ডিচেম্বৰত এলাহাবাদত অনুষ্ঠিত মুছলিম লীগৰ সন্মিলনত দাৰ্শনিক-কবি-ৰাজনীতিবিদ মহম্মদ ইকবালে সর্বপ্রথমে পৃথক মুছলিম ৰাষ্ট্ৰৰ ধাৰণা প্ৰস্তাৱ কৰিছিল । ১৯০৫ চনৰ বংগ বিভাজনৰ সূত্ৰ ধৰি মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চল, হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলৰ পৰা পৃথক কৰি স্বতন্ত্ৰ মুছলিম ৰাষ্ট্ৰ গঠন কৰাৰ কথা প্ৰস্তাৱ কৰা হৈছিল। ১৯৩৩ চনৰ ২৮ জানুৱাৰীত চৌধুৰী ৰহমত আলী কর্তৃক মুছলিমৰ কাৰণে পৃথক ৰাষ্ট্ৰৰ ধাৰণা উপস্থাপন কৰা হৈছিল। তাত তেওঁ পাঞ্জাৱ, আফগানিস্থান প্ৰদেশ, কাশ্মীৰ, সিন্ধু আৰু বেলুচিস্তানক লৈ পৃথক পাকিস্তান ৰাষ্ট্ৰ গঠন কৰা যাব পাৰে বুলি ধাৰণা এটা দিছিল । এয়াই পাছত দ্বি-জাতি তত্ত্ব হিচাপে পৰিচিত হৈছিল। ৰহমত আলী চৌধুৰীয়ে তেতিয়া বংগক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰা নাছিল। তেওঁ পৰামৰ্শ আগবঢ়াইছিল যে, বংগৰ মুছলমানসকলে পৃথক তৃতীয় ৰাষ্ট্ৰ গঠন কৰা উচিত। যাৰ নাম হ'ব পাৰে বঙ্গস্থান ।

১৯৩২ চনত প্ৰৱৰ্তিত কমিউন্যাল এওৱাৰ্ড’(সাম্প্ৰদায়িক পুৰস্কাৰ)ৰ ফলত আইন সভাত মুছলিম আসনৰ সংখ্যা বৃদ্ধি কৰিছিল। ১৯৩৭চনৰ পৰা ১৯৪৭ চনলৈকে মুছলিমসকল আইন সভাত সংখ্যা গৰিষ্ঠ আছিল। ফলত প্ৰতিটো নিৰ্বাচনৰ পাছত তেওঁলোকে বংগত চৰকাৰ গঠন কৰিছিল। ২৫০ খন আসনৰ ভিতৰত ১১৯ খন মুছলমানৰ কাৰণে সংৰক্ষিত আছিল । ইয়াৰ উপৰিও মুছলিমসকলে অন্যান্য আসনত জয়ী হৈছিল। ১৯৪৬ চন পর্যন্ত মুছলিম লীগ এককভাবে চৰকাৰ গঠন কৰা নাছিল । কৃষক প্রজা দল, হিন্দু মহাসভা, ফৰৱাৰ্ড ব্লক, তফচিলী হিন্দু লগত মিলি কোয়ালিশন চৰকাৰ গঠন কৰিছিল । ১৯৪৬ চনত হোেসন শহীদ সোহৰাওয়ার্দি সৰ্বপ্ৰথম মুছলিম লীগ চৰকাৰ গঠন কৰে। ১৯৪৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু মুছলিম লীগ বিপুলভাবে জয়লাভ কৰিছিল । বংগীয় আইন পৰিষদৰ ২৫০ খন আসনৰ ভিতৰত মুছলিম লীগ সর্বোচ্চ ১১৪ খন আসনত আৰু কংগ্ৰেছ দ্বিতীয় সর্বোচ্চ ৮৬ খন আসনত জয়ী হৈছিল। এই নিৰ্বাচনত কৃষক-শ্রমিক দলৰ চৰম বিপর্যয় ঘটে। তেওঁলোকে মাথোন ৪ খন আসনত জয়ী হয়। অথচ ১৯৩৭চনৰ নিৰ্বাচনত তেওঁলোকে ৩৭ খন, কংগ্ৰেছ ৩৯ খন আৰু কৃষক প্রজা দল ৩৫ আসনত জয়ী হৈছিল।

মুছলিম লীগ মুছলমান অধ্যুষিত প্রদেশসমূহৰ ৪৮২ খন আসনৰ ভিতৰত ৪২৩ খন আসনত জয়ী হৈছিল। অথচ ১৯৩৭ চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল মাথোন ১০৪ খন আসনত । বঙ্গীয় পৰিষদত মুছলিম লীগৰ সাফল্য আছিল অভূতপূর্ব। তেওঁলোকে মুঠ ভোটৰ ৮৩.৪ শতাংশ লাভ কৰিছিল। কৃষক প্রজা দলৰ ৬৫.১ শতাংশ প্ৰাৰ্থীৰ জামানত বাজেয়াপ্ত হৈছিল। মুছলিম লীগ একমাত্র বাংলাত একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল। সিন্ধু প্রদেশত মাথোন এটি ভোটৰ ব্যৱধানত মুছলিমসকল আগবাঢ়ি আছিল। সেয়ে কোৱা হয়, বাংলাৰ ভোটত পাকিস্তান অর্জিত। নিৰ্বাচনত কংগ্ৰেছৰ আসন সংখ্যা বৃদ্ধি হৈছিল যদিও এই নির্বাচনত দ্ব্যর্থহীনভাবে প্রমাণিত হয় যে, মুছলমানসকল পাকিস্তান প্ৰতিষ্ঠাৰ পক্ষ সমর্থন কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দ্বি-জাতি তত্ত্ব প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ পাছত ১৯৪৬ চনৰ ১৬ আগস্টত মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাহই প্রত্যক্ষ সংগ্ৰামৰ আহবান জনায়। প্রত্যক্ষ সংগ্রাম হিন্দু-মুছলমান সংঘৰ্ষত পৰিণত হৈছিল। সেই সংঘৰ্ষত ৪০০০ ৰো অধিক লোক মৃত্যুমুখত পৰিছিল। তাৰ মাজত অধিকাংশই হিন্দু আছিল বুলি জনা যায়। কিন্তু ইতিহাসবিদ জয়া চেটার্জীয়ে তাত অধিক সংখ্যক মুছলিম মৃত্যুমুখত পৰিছিল বুলি উল্লেখ কৰিছে। হিন্দু জনসংখ্যা হ্ৰাস কৰাৰ কাৰণে সংঘৰ্ষ সংঘটিত কৰা হৈছিল বুলি বহুতে তেতিয়াৰ বাংলাৰ মুখ্যমন্ত্ৰী হোসেন শহীদ সোহৰাওয়ার্দিক জগৰীয়া কৰিছিল। তথাপি তেওঁ হিন্দু-মুছলমান সকলো বঙালীৰ কাৰণে এখন একক, সাৰ্বভৌম ৰাষ্ট্ৰৰ প্ৰস্তাৱ ৰাখিছিল আৰু হিন্দুসকলৰ সমৰ্থন আদায়ৰ কাৰণে আগবাঢ়ি আহিছিল । মহম্মদ আলী জিন্নাহই ইয়াৰ বিৰোধিতা কৰা নাছিল আৰু ব্ৰিটিছ চৰকাৰো এই প্ৰস্তাৱৰ প্ৰতি সহানুভূশীল থকাৰ ইঙ্গিত দিছিল। বংগৰ মুছলমানসকল হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ ফলত পশ্চিমৰ কিছু মুছলমানে তেওঁলোকক বিশুদ্ধ মুছলমান বুলি ভবা নাছিল । কাৰণ তেওঁলোকে বাংলাক মুছলিম ৰাষ্ট্ৰৰ অন্তৰ্ভূক্ত কৰিব বিচৰা নাছিল ৷

লর্ড মাউণ্টবেটেন প্রথমে যুক্ত বাংলাৰ প্ৰতি সহানুভূশীল আছিল যদিও, পাছত সাম্প্রতিক সংঘটিত ঘটনাসমূহৰ প্ৰতি লক্ষ্য কৰি তেওঁ ভাবিছিল, একমাত্র বিভাজনৰ জৰিয়তেহে দ্রুত ব্ৰিটিছ শাসন ক্ষমতা অৱসানৰ আশা কৰিব পাৰে। প্ৰাদেশিক আইন সভাসমূহ ভাৰতত যোগদান কৰিব, নে পাকিস্তানত যোগদান কৰিব ব্ৰিটিছ প্ৰশাসনে সেয়া ভোটদানৰ মাধ্যমত নিৰ্ধাৰণ কৰিব বিচাৰিছিল। যিসমূহ প্ৰদেশ বিভাজন কৰা হ', সেইসমূহ প্ৰদেশত প্ৰত্যেক সম্প্ৰদায়ৰ কাৰণে পৃথকে পৃথকে ভোট গ্রহণৰ সিদ্ধান্ত লোৱা হৈছিল। যিকোনো সম্প্ৰদায়ৰ পৰা বিভাজনৰ পক্ষে অধিক ভোটদান কৰিলে বাংলা বিভাজন কৰা হ'ব। পূর্ববাংলাৰ ১৬৬ জন ভোটাৰ বিভাজনৰ বিপক্ষে আৰু ৩৫ জন বিভাজনৰ পক্ষে ভোট প্ৰদান কৰিছিল। পশ্চিম বাংলাৰ ৫৮ জন ভোটাৰ বিভাজনৰ পক্ষে আৰু ২১ জন বিভাজনৰ বিপক্ষে ভোট প্রদান কৰিছিল। ব্ৰিটিছৰ বিভেদ ও শাসন' নীতিৰ ফলত বাংলাৰ হিন্দু ও মুছলমানৰ মাজত যি ফাট সৃষ্টি হৈছিল, নিৰ্বাচনত কম-বেছি পৰিমাণে এই নীতিৰ বহিঃপ্রকাশ ঘটিছিল। একমাত্র চিলেট অঞ্চলৰ বাহিৰে (যি ১৯০৫-১১ চনলৈকে পূৰ্ববংগৰ অংশ আছিল) গণভোটত(৫৫,৫৭৮ ভোটৰ ব্যৱধানত যুক্ত বাংলাৰ পক্ষে ভোট দান কৰিছিল।) মাউণ্টবেটেন আইন সভাক স্বাধীন বাংলাৰ পক্ষে ভোটদানৰ অনুমতি প্ৰদান কৰা নাছিল । কাৰণ তেওঁ জানিছিল, এনেকৈ ভোটদানৰ অনুমতি প্ৰদান কৰিলে, তেনেহ'লে বেলেগেও স্বাধীনতা বিচাৰিব পাৰে!

বাংলা প্ৰদেশৰ অধিকাংশ লোক বংগ বিভাজনৰ পক্ষে নাছিল । তথাপিও বাংলা প্রদেশৰ গণভোটৰ জৰিয়তেই দেশ বিভাজনৰ সিদ্ধান্ত লোৱা হৈছিল। বিভাজনৰ যৌক্তিকতা এয়া আছিল যে, বিভাজন অবিহনে উভয় সম্প্ৰদায়ৰ কাৰণে সামাজিক সংহতি আৰু ন্যায়বিচাৰ সম্ভৱ নহয়। সিদ্ধান্ত লোৱা হৈছিল, “ছিৰিল ৰেডক্লিফ'-এ বিভাজনৰ পৰিকল্পনা প্রস্তুত কৰিব আৰু আটায়ে সেয়া মানি ল'ব। তেওঁ চৰজমিন তদন্ত নকৰাকৈয়ে দেশ বিভাজনৰ নক্সা তৈয়াৰ কৰিছিল। ফলত কাৰোবাৰ কাৰোবাৰ ঘৰৰ চোতালেদি সীমাৰেখা গৈছিল। ফলত ঘৰ ভাৰতত আৰু ঘৰৰ বাৰান্দা পাকিস্তানত পৰিছিল ।

১৯৪৭ চনৰ ১৪ আগষ্টত পাকিস্তান আৰু ১৫ আগষ্টত ভাৰত নামৰ দুখন সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰ সৃষ্টি হৈছিল ৷ দেশ বিভাজনৰ পাছতে বিশ্বৰ বৃহত্তম গণ অভিবাসনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । পাকিস্তানৰ ফালৰ পৰা হিন্দু আৰু শিখসকল ভাৰতলৈ গুচি আহে আৰু ভাৰতৰ ফালৰ পৰা মুছলমানসকল পাকিস্তানলৈ গুচি যায়। প্ৰতিটো পক্ষই সহিংসতাৰ উন্মত্ততাত এজনে আনজনক আক্ৰমণ কৰিছিল ৷ যাৰ ফলত মহাত্মা গান্ধী সহিংসতা বন্ধ নোহোৱালৈকে আমৰণ অনশনৰ শপত লৈছিল। তিনি লাখ মানুহ নিখোঁজ হৈছিল। উল্লেখযোগ্য সংখ্যক, শতাংশৰ হিচাপত প্ৰায় ২০ শতাংশ মুছলমান ভাৰতত ৰৈ গৈছিল। পশ্চিম বংগৰ জনসংখ্যাৰ প্ৰায় পঁচিছ শতাংশ মুছলমান ভাৰতত ৰৈ গৈছিল আৰু পূৰ্ব বংগত প্রায় ত্ৰিছ শতাংশ হিন্দু মানুহ ৰৈ গৈছিল। ২০২২ চনৰ জনগণনা অনুসৰি বৰ্তমান বাংলাদেশত ৭.৯৫ শতাংশ হিন্দু সম্প্ৰদায়ৰ মানুহ আছে। ২০১১ চনৰ জনগণনা অনুসৰি পশ্চিম বংগত মুছলমানৰ সংখ্যা শতকৰা ২৭ জন৷

পশ্চিম পাকিস্তানৰ সীমান্ত পাৰ হৈ ৭.৫ মিলিয়ন হিন্দু আৰু শিখ ভাৰতত প্ৰৱেশ কৰিছিল আৰু অন্য ৭ মিলিয়ন বেলেগ পথত প্ৰৱেশ কৰিছিল। পশ্চিম সীমান্তৰ তুলনাত পূর্ব সীমান্তত কম সহিংসতা সংঘটিত হৈছিল। কাৰণ ধৰ্মতকৈ বঙালী হিন্দু আৰু মুছলমান বঙালী জাতীয়তাবাদত বিশ্বাসী আছিল ৷ ফলত গণ সহিংসতাৰ সংকট কম আছিল। দেশ ভাগৰ দুই বছৰলৈকে পূৰ্ব পাকিস্তানৰ পৰা খুব কম সংখ্যক (১ মিলিয়ন)অভিবাসন, 'বলৈ গ'লে স্বেচ্ছায় হৈছিল। কিন্তু ইতিহাসবিদ জয়া চেটার্জীয়ে কৈছে, পূর্ব পাকিস্তানৰ পৰা কিমান শৰণাৰ্থী ভাৰতলৈ আহিছিল, সেয়া কোনেও সঠিকভাবে নাজানে তেওঁ অনুমান কৰে, ১৯৪৭ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত পূর্ব পাকিস্তানৰ পৰা ৫ মিলিয়ন হিন্দু ভাৰতলৈ আহিছে । ইয়াৰ কাৰণ আছিল ধর্মীয় সহিংসতা। বিভিন্ন স্থানত সংঘটিত সাম্প্রদায়িক সংঘর্ষ, সাম্প্রদায়িক ঘটনা(১৯৬৪ চনত হিন্দু বিৰোধী মনোভাৱ জাগ্ৰত কৰাৰ কাৰণে কাশ্মীৰৰ এখন মছজিদৰ পৰা হজৰত মহম্মদ((ছাঃ)ৰ চুলিৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল।)ৰ ফলত কোনোবা কেনোবাই এই সময়ত দেশ ত্যাগ কৰিছিল। ইতিহাসবিদ নোভাকৰ মতে এই ধৰণৰ ঘটনাই তেতিয়া জনপ্রিয়তা হেৰাই পেলাইছিল। ধৰ্মনিৰপেক্ষ দলসমুহে তেতিয়া সামাজিক সংহতি আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে ভাষা আৰু সংস্কৃতিৰ ওপৰত অধিক জোৰ দিছিল

একমাত্ৰ ধৰ্মৰ দোহাই দি পশ্চিম পাকিস্তান আৰু পূৰ্ব পাকিস্তানৰ দুটি পৃথক ভাষা-সংস্কৃতিত বিশ্বাসী জাতিক এক কৰি ৰখাটো সম্ভৱ হোৱা নাই১৯৭১ চনৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছত বঙালী জাতীয়তাবাদত উদ্বুদ্ধ হৈ একে ভাষা-সংস্কৃতি বিশিষ্ট হিন্দু-মুছলমানৰ সমন্বয়ত পূর্ব পাকিস্তান নামৰ ভূখণ্ডত বাংলাদেশ নামৰ নতুন সার্বভৌম স্বাধীন ৰাষ্ট্ৰ সৃষ্টি হৈছে। মুছলিম সংখ্যাগৰিষ্ঠ হ'লেও বঙালী জাতীয়তাবাদত উদ্বুদ্ধ হৈ বাংলাদেশক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে।

ইতিহাসবিদ এডৱাৰ্ড জন থমচনে কৈছে- ১৯৪৭ চনৰ বংগ বিভাজনৰ ইতিহাসে এতিয়ালৈকে মানুহক বিভ্ৰান্ত কৰি আছে। ইতিহাসবিদ নোভাকে কৈছে, অখণ্ড বাংলা আন্দোলনৰ চেতনাই ভূ-খণ্ডক অহৰহ খেদি ফুৰিছে। বাংলাৰ কবিয়ে একমাত্র বাংলাৰ আন্তঃ-ধর্মীয় সংহতি নহয়, মানব সংহতিৰ নীতিক নিশ্চিত কৰিছে। যদিও বাংলাদেশে নজৰুল ইছলামক জাতীয় কবি হিচাপে ঘোষণা কৰিছে, ১৯০৬ চনত ৰচিত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আমাৰ সোনাৰ বাংলা'ক বাংলাদেশৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছে ৷ নজৰুল ইছলাম লিখিছে, আমি একেই কাণ্ডত দুটি ফুল হিন্দু-মুছলমান, মুছলমান তাৰ চকুৰ মণি, হিন্দু তাৰ প্ৰাণ

মাউণ্টবেটেনে দাবী কৰিছিল যে, তেওঁ পূৰ্ব পৰিকল্পিত পৰিকল্পনা লৈ ভাৰতলৈ অহা নাছিল, অৱশ্যে প্ৰথমৰ পৰাই তেওঁ ভাৰত বিভাজনৰ পক্ষপাতী আছিল ৷ কাৰণ তেওঁ নিশ্চিত হৈছিল যে, দুই পক্ষৰ আন্তঃ-সত্তা দ্বন্দ্বৰ কাৰণে ভাৰত বিভাজন তথা পাকিস্তান প্রতিষ্ঠা কৰাটো অনিবাৰ্য হৈ পৰিছে ৷ বিশেষকৈ দুই পক্ষৰ নেতৃবৰ্গক অখণ্ড ভাৰতৰ কাৰণে সৈমান কৰোৱাৰ কাৰণে ঘটনা স্থলত তেওঁৰ আগমন দেৰিকৈ হৈছিল। ভাৰতলৈ অহাৰ দুই মাহৰ ভিতৰত তেওঁ বিভাজনৰ কাৰণে এটি খচৰা প্ৰস্তুত কৰি লৈ লণ্ডনলৈ গৈছিল। ব্ৰিটেইনে ততাতৈয়াকৈ ভাৰত ত্যাগ কৰাৰ সিদ্ধান্ত নল'লে বাস্তৱ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত বাংলা বিভাজন ৰোধ আৰু বাংলাক তৃতীয় ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পৰা গ'লহেঁতেন বুলি তেওঁ মন্তব্য কৰিছে।

ভাৰত তথা বাংলা বিভাজন ক্ষতিকৰ হৈছে বুলি পৰৱৰ্তী সময়ত বহুতে মন্তব্য কৰিছে। ভাৰত বিভাজন নহ'লে বর্তমান ভাৰতবৰ্ষৰ জন সংখ্যা হ'লহেঁতেন ১৮১.৮ কোটী। অর্থাৎ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ হ'লহেঁতেন।

 

     (১৯৪৬ চনৰ ভাৰতীয় উপমহাদেশ)

                 প্রত্যক্ষ সংগ্রাম দিৱস

মুছলিম লীগ মুছলমানসকলৰ কাৰণে এখন পৃথক স্বদেশভূমিৰ দাবীত ১৯৪৬ চনৰ ১৬ আগষ্টত প্রত্যক্ষ সংগ্ৰামৰ আহবান জনাইছিল। এই দিৱসটো কলিকতা হত্যাকাণ্ড নামেও পৰিচিত । দিৱসটো আছিল দেশব্যাপী সাম্প্ৰদায়িক সংঘৰ্ষৰ দিন। ব্ৰিটিছ ভাৰতৰ বংগৰ কলিকতা চহৰত হিন্দু আৰু মুছলমানৰ মাজত সিদিনা ব্যাপক সংঘর্ষ সংঘটিত হৈছিল। দিনটো দ্য উইক অফ দ্য লং নাইফচনামেও চিহ্নিত কৰা হয় । কাৰণ সংঘৰ্ষ দীঘল ছুৰি (লং নাইফচ)ৰ আক্ৰমণেৰে আৰম্ভ হৈছিল আৰু সংঘর্ষ এসপ্তাহকাল স্থায়ী হৈছিল। সংঘৰ্ষত কিমান লোক হতাহত হৈছিল তাৰ সঠিক পৰিসংখ্যা পোৱা নাযায়। ঘটনাৰ সঠিক ক্রম, বিভিন্ন দায়িত্বশীল ব্যক্তিৰ দায়িত্ব সম্পৰ্কে দীৰ্ঘদিনীয়া ৰাজনৈতিক বিতর্ক চলি আছে।

হত্যাকাণ্ডত দুই সম্প্রদায় তথা হিন্দু-মুছলমানৰ বেলেগ বেলেগ নেতাৰ নিজা নিজা ভূমিকা, দায়িত্ব সম্পর্কেও বিতর্ক আছে। প্ৰভাৱশালী বিট্ৰিছ সংঘৰ্ষৰ ক্ষেত্ৰত উভয় সম্প্রদায়কে সমানভাবে জগৰীয়া কৰে। কংগ্ৰেছ, মুছলিম লীগ বিশেষকৈ তেতিয়াৰ বাংলাৰ মুখ্যন্ত্ৰী হোসেন শহীদ সোহৰাওয়ার্দিক দোষাৰূপ কৰে । মুছলিম লীগৰ দৃষ্টিভঙ্গী, প্রত্যক্ষ দিৱসৰ সুযোগ ব্যৱহাৰ কৰি কলিকতাৰ মুছলিমসকলক এসেকা দিয়াৰ কাৰণে কংগ্ৰেছ আৰু হিন্দুসকলে ঘটনাটো সংঘটিত কৰিছিল। এই দৃষ্টিভঙ্গীটো পূৰ্ব পাকিস্তানৰ উত্তৰসুৰী ৰাষ্ট্ৰ বাংলাদেশত আংশিকভাবে সমর্থিত। এই সংঘর্ষই কলিকতাসহ হিন্দু অধ্যুষিত পশ্চিম বংগ আৰু মুছলিম অধ্যুষিত পূর্ব বাংলাৰ মাজত বংগ বিভাজনৰ বীজ সিঁচিছিল বুলি ক'লে অত্যুক্তি কৰা নহ'ব ।

১৯৪০ ৰ দহকত মুছলিম লীগ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতবৰ্ষৰ দুটা প্ৰধান ৰাজনৈতিক দল আছিল। ১৯৪০ চনৰ লাহোৰ প্ৰস্তাৱৰ পাছৰ পৰা মুছলিম লীগ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূবৰ মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলসমূহক লৈ পৃথক স্বাধীন ৰাজ্যগঠনৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছিল । ভাৰতীয় নেতৃত্বৰ হাতত ক্ষমতা হস্তান্তৰৰ কাৰণে ১৯৪৬ চনৰ জানুৱাৰী মাহত ভাৰত সচিব পেথিক লৰেন্সৰ নেতৃত্বত তিনিজন সদস্য বিশিষ্ট এটি দল পাঁচ খলপীয়া এটি কাঠামো প্রস্তুত কৰি ভাৰতলৈ আহিছিল। (১) কেন্দ্ৰত অন্তবর্তীকালীন চৰকাৰ গঠন কৰা হ'ব। (২) ব্ৰিটিছ ভাৰত আৰু দেশীয় ৰাজ্যপাল লৈ এটি স্বায়ত্ব শাসিত ভাৰতীয় ইউনিয়ন গঠন কৰা হ'ব। (৩) তিনিটা খলপত প্রদেশসমূহক বিভক্ত কৰি হিন্দু প্রধান, মুছলিম প্ৰধান আৰু বাংলা ও অসম গ্রুপ গঠন কৰা হ'ব। (৪) ইউনিয়নৰ ওপৰত অৰ্পিত বিষয়ৰ বাহিৰে বেলেগ সকলো ক্ষমতা প্রদেশসমূহৰ ওপৰত ন্যস্ত থাকিব । প্রত্যেক গ্ৰুপৰ কাৰণে এটিকৈ পৰিষদ গঠন কৰা হ'ব। এই ক্ষেত্ৰত মিছন চৰ্ত আৰোপ কৰিছিল যে, পৰিকল্পনাটো সম্পূর্ণভাবে গ্ৰহণ কৰিব লাগিব, আংশিকভাবে নহয়। যি দল বা দলসমূহে এই পৰিকল্পনা সম্পূর্ণভাবে গ্ৰহণ কৰিব তেওঁলোকৰ হাততে ক্ষমতা হস্তান্তৰ কৰা হ'ব। (৫) ভাৰতীয় ইউনিয়ন গঠন হোৱাৰ পাছত দেশীয় ৰাজ্যসমূহৰ ওপৰত ৰাজকীয় সাৰ্বভৌমত্বৰ অৱসান হ'ব ৷

মুছলিম লীগে মন্ত্রী মিছন পৰিকল্পনা গ্ৰহণ কৰিছিল। কাৰণ তেওঁলোকে বিবেচনা কৰিছিল, প্ৰদেশ বা গ্রুপ ব্যৱস্থাৰ মাধ্যমত পাকিস্তান অৰ্জনৰ বাট প্রশস্ত হ'ব। পক্ষান্তৰে কংগ্ৰেছ অন্তবর্তীকালীন চৰকাৰ গঠন পৰিকল্পনা প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল। অৱশ্যে তেওঁলোকে স্বাধীন অখণ্ড ও গণতান্ত্রিক ভাৰতৰ শাসনতন্ত্ৰ প্ৰণয়নৰ কাৰণে প্ৰস্তাৱিত গণপৰিষদত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল। মুছলিম লীগ অন্তর্বর্তীকালীন চৰকাৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেও বৰলাট ওয়াভেল সেয়া প্রত্যাখান কৰে। (স্মৰণযোগ্য যে, পাছৰ মাহতে ( ১৯৪৬ চনৰ আগষ্টত) বৰলাট ওয়াভেলে কংগ্ৰেছ নেতা জওহৰলাল নেহৰুক চৰকাৰ গঠনৰ কাৰণে আমন্ত্ৰণ জনাইছিল।)

এই পৰিস্থিতিত মুছলিম লীগ ১৯৪৬ চনৰ জুলাই মাহত কেবিনেট মিছন পৰিকল্পনাৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰে আৰু উত্তৰ-পশ্চিম আৰু উত্তৰ-পূৰ্বৰ মুছলিম অধ্যুষিত অঞ্চলসমূহকলৈ মুছলমানসকলৰ কাৰণে পৃথক আৱাসভূমি দাবী কৰি ১৬ আগষ্টত দেশব্যাপী ধর্মঘট ঘোষণা কৰে । ইয়াক প্রত্যক্ষ সংগ্রাম দিৱস হিচাপে আখ্যায়িত কৰা হয়। প্রত্যক্ষ সংগ্ৰাম দিৱসৰ কাৰণে আহবান জনাই মহম্মদ আলী জিন্নাহই ঘোষণা কৰিছিল যে, তেওঁ বিভক্ত ভাৰত অথবা ধ্বংস ভাৰত বিচাৰে।

সাম্প্ৰদায়িক উত্তেজনাৰ পটভূমিত প্রত্যক্ষ সংগ্ৰাম দিৱসৰ দিনা কলিকতাত ব্যাপক সংঘৰ্ষৰ সূত্ৰপাত হয়। ৭২ ঘণ্টাৰ ভিতৰত কলিকতাত চাৰি হাজাৰৰো অধিক লোক নিহত হয় আৰু ১,০০,০০০ বাসিন্দা গৃহহীন হয়। কলিকতাৰ ধৰ্মীয় সহিংসতাৰ পাছত সংঘৰ্ষ ক্ৰমে নোয়াখালী, বিহাৰ, ইউনাইটেড প্রদেশ(বৰ্তমান উত্তৰ প্ৰদেশ), পাঞ্জাৱ আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ বিয়পি পৰে। এই ঘটনাবোৰে দেশ বিভাজনৰ বীজ বপন কৰিছিল৷

১৯৪৬ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলন এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ হাতত প্ৰতিৰক্ষা, বিদেশ দপ্তৰ আৰু যোগাযোগৰ বিষয়সমূহ থাকিব আৰু অন্যান্য সকলো ক্ষমতা প্রাদেশিক গোষ্ঠীৰ হাতত থাকিব এনেকুৱা সিদ্ধান্ত লোৱা হৈছিল । আনফালে কেন্দ্ৰীয় চৰকাৰত হিন্দু আধিপত্যৰ ভয়ত মুছলিম লীগৰ নেতৃবৰ্গই জিন্নাহক তেওঁৰ পূৰ্বৰ অৱস্থানত উভতি যাবলৈ চাপ সৃষ্টি কৰে। ফলত এসময়ৰ কংগ্ৰেছ আৰু পৰৱৰ্তী সময়ত মুছলিম লীগৰ নেতা মহম্মদ আলী জিন্নাহই কেবিনেট মিছনৰ পৰিকল্পনা বয়কট কৰাৰ সিদ্ধান্ত লয় আৰু মুছলিম লীগে উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব প্রদেশসমূহৰ কাৰণে স্বায়ত্ত শাসন ও সার্বভৌম ৰাজ্য দাবী কৰে ।

১৯৪৬ চনৰ জুলাই মাহত মহম্মদ আলী জিন্নাহই তেওঁৰ বোম্বেৰ বাসগৃহত সংবাদমেল আহবান কৰে। সংবাদমেলত তেওঁ ঘোষণা কৰে যে, মুছলিম লীগ এটি পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু তেওঁলোকে প্রত্যক্ষ সংগ্ৰাম কৰাৰ কাৰণে প্ৰস্তুতি লৈছে। তেওঁ কৈছিল যে, যদি মুছলমানসকলৰ কাৰণে পৃথক পাকিস্তান দিয়া নহয়, তেনেহ'লে তেওঁলোকে পোনপটীয়াভাবে পদক্ষেপ গ্ৰহণ কৰিব। সুনির্দিষ্ট পৰিকল্পনাৰ কথা সুধিলে তেওঁ কয়, ‘কংগ্ৰেছৰ ওচৰলৈ যাওঁক আৰু তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰক।' তেওঁলোকে মোক আস্থাত ললে, ময়ো তেওঁলোকক আস্থাত ল'ম । মই কিয় হাত সাৱটি বহি থাকিম? ময়ো গৈ আছো বিবাদ সৃষ্টি কৰাৰ কাৰণে৷ '

পাছদিনা জিন্নাহই ঘোষণা কৰিছিল যে, ১৯৪৬ চনৰ ১৬ আগষ্টত প্রত্যক্ষ সংগ্ৰাম দিৱস' পালন কৰা হ'ব। তেওঁ কংগ্ৰেছক সতৰ্ক কৰি দি কৈছিল যে, আমি যুদ্ধ নিবিচাৰো, আপোনালোকে যদি যুদ্ধ বিচাৰে আপোনালোকৰ প্ৰস্তাৱ দ্বিধাহীনভাবে মানি লোৱা হ'ব। হয় বিভক্ত ভাৰত হ', নহ'লে ধ্বংস ভাৰত হ'ব।

সাতো সুগিতাকা দ্বাৰা সম্পাদিত মুছলিম সমাজেনামৰ গ্ৰন্থত ঐতিহাসিক আৰু তুলনামূলক দিক' নামৰ এটি প্ৰৱন্ধত নাকাজাতো নাৰিয়াকিয়ে লিখিছে--

প্রাতিষ্ঠানিক ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা কলিকতাৰ অশান্তি এক স্বতন্ত্র বৈশিষ্ট্যৰ অধিকাৰী আছিল ৷ ক্রান্তিকালীন সময়ত ক্ষমতাৰ শূন্যতা আৰু পদ্ধতিগত ভাঙোনৰ সময়ত অশান্তিটো সংঘটিত হৈছিল । এয়াও লক্ষণীয়ভাবে গুৰুত্বপূৰ্ণ যে, এয়া এক ৰাজনৈতিক সংগ্ৰামৰ অংশ আছিল, যেতিয়া ব্ৰিটিছসকলে সর্বনিম্ন ৰাজনৈতিক মূল্যত উপনিৱেশ শাসন গোটাই নিয়াৰ কাৰণে সৰ্বাত্মক চেষ্টা কৰিছিল আৰু তেতিয়া কংগ্ৰেছ আৰু মুছলিম লীগে নতুন জাতি-ৰাষ্ট্ৰ গঠনৰ উদ্যোগৰ কাৰণে ইদলে সিদলৰ লগত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। বাংলাৰ জাতীয়তাবাদী দলবোৰৰ মাজত ৰাজনৈতিক প্রতিদ্বন্দ্বিতা নতুন দিল্লীৰ ৰাজনীতিতকৈ ভিন্ন প্ৰকৃতিৰ আছিল। প্রধানতঃ বাংলাৰ ৰাজনৈতিক দলবোৰৰ ব্যাপক গণভিত্তি আৰু নমনীয় মনোভাৱাপন্ন ঐতিহ্যৰ কাৰণে তাত তেওঁলোকে শ্রেষ্ঠত্ব অৰ্জন কৰিছিল। সংঘৰ্ষৰ প্ৰাথমিক পৰ্যায়ত কংগ্ৰেছ আৰু মুছলিম লীগ আত্মবিশ্বাসী আছিল যে, ৰাজনৈতিক সমদলৰ পৰা কোনো কঠিন পৰিস্থিতি উদ্ভৱ হলেও পৰম্পৰাগত ঐতিহ্যৰ কাৰণে তেওঁলোকে সেয়া মোকাবিলা কৰিবলৈ সক্ষম হ'ব। সম্ভৱতঃ কলিকতাত এটি বৃহৎ আকাৰৰ হৰতাল আৰু গণ সমাৱেশৰ পৰিকল্পনা কৰা হৈছিল । (যি কলিকতাৰ ৰাজনৈতিক সংস্কৃতিৰ এক স্বীকৃত অংশ আছিল।) সেয়া কেনেকৈ নিয়ন্ত্রণ কৰিব লাগিব, সেয়া তেওঁলোকে ভালদৰেই অৱগত আছিল। যিয়ে নহওঁক কিয়, জনসাধাৰণৰ পৰা সঁহাৰি তেওঁলোকৰ প্ৰত্যাশাতকৈ অধিক আছিল। ৰাজনৈতিক নেতৃবৰ্গই শক্তিশালী মানসিক প্রতিক্ৰিয়াৰ লগত জড়িত জাতি' শব্দটো নতুন ৰাজনৈতিক পৰিস্থিতিৰ অধীনত ভুলকৈ ব্যাখ্য কৰিছিল। ১৯৪৬ চনৰ আগষ্ট মাহত জাতি শব্দটো একমাত্ৰ ৰাজনৈতিক শ্লোগান নাছিল, বাস্তৱ ৰাজনীতি আৰু মানুহৰ কল্পনা উভয় ক্ষেত্রতে শব্দটো দ্রুত বাস্তৱতাত পৰিণত হৈছিল । বাংলাৰ ৰাজনৈতিক নেতৃবৰ্গ কেবাটাও দহকব্যাপী যি ব্যৱস্থাত অভ্যস্ত হৈ উঠিছিল, সেই ব্যৱস্থাই গতিশীল পৰিৱৰ্তনৰ লগত তাল মিলাব পৰা নাছিল। যেনেকৈ আমি প্ৰত্যক্ষ কৰিছোঁ, অশান্তিৰ প্ৰথম দিনাই পৰম্পৰাগত ব্যৱস্থা দ্ৰুত আৰু সহজেই তচনচ হৈ গৈছিল ৷

১৯৪৬ চনৰ কলিকতা সংঘৰ্ষৰ পাছতে ১৯৪৭ চনৰ ১১-১৪ ফেব্ৰুৱাৰীত সাম্প্ৰদায়িক উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছিল। হিন্দু আৰু মুছলিম পত্রিকাসমূহে পক্ষপাতমূলক প্রতিবেদন প্রকাশ কৰি দুই সম্প্ৰদায়ৰ মাজৰ বিৰোধিতাক তীব্ৰতৰ কৰি তোলাৰ কাৰণে জনসাধাৰণৰ অনুভূতিক চাবুক মাৰিছিল ৷

১৬ আগষ্টত মহম্মদ আলী জিন্নাহই প্রত্যক্ষ সংগ্ৰাম দিৱস ঘোষণাৰ পাছত বাংলাৰ তদানীন্তন মুখ্য সচিব আৰ,এল, ওয়াকাৰৰ পৰামৰ্শত তেতিয়াৰ বাংলাৰ মুখ্যমন্ত্ৰী হোসেন শহীদ সোহৰাওয়ার্দিয়ে তেতিয়াৰ বাংলাৰ গভর্নৰ ফ্ৰেডাৰিক বোৰোজক সিদিনা ছুটীৰ দিন ঘোষণাৰ কাৰণে অনুৰোধ কৰিছিল ৷ গভর্নৰে তেওঁৰ অনুৰোধ ৰক্ষা কৰি সিদিনা ছুটীৰ দিন ঘোষণা কৰিছিল । ১৬ আগষ্টত সমগ্ৰ কলিকতাব্যাপী চৰকাৰী অফিচ, বাণিজ্যিক প্রতিষ্ঠান, দোকান-পাট বন্ধ থাকিলে পেকেটিং সম্পর্কিত সংঘৰ্ষৰ সম্ভাৱনা হ্ৰাস কৰিব পৰা যাব বুলি ওয়াকাৰে এই প্ৰস্তাৱ দিছিল। বাংলাৰ কংগ্ৰেছ দল চৰকাৰী ছুটী ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ সাক্ত কৰিছিল। তেওঁলোকে এই যুক্তিত প্ৰতিবাদ সাক্ত কৰিছিল যে, ছুটীৰ দিনত অলস লোকসকলে সফলভাবে হৰতাল কাৰ্যকৰী কৰিবলৈ সক্ষম হ', কাৰণ মুছলিম লীগ নেতৃত্ব হৰতাল কাৰ্যকৰ হ', নে নহয় এই বিষয়ে অনিশ্চিত আছিল। মুছলিম লীগ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ সংকীৰ্ণ সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত থকাৰ অভিযোগো আনিছিল। কংগ্ৰেছ নেতৃবৰ্গই ধাৰণা কৰিছিল, যদি চৰকাৰী ছুটীৰ দিন পালন কৰা হয়, তেনেহ'লে কংগ্ৰেছৰ সমৰ্থকসকলৰ অফিচ আৰু দোকান- পাট বন্ধ কৰাৰ বাহিৰে উপায় নাথাকিব আৰু এনেকৈয়ে তেওঁলোকে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে মুছলিম লীগৰ হৰতাল পালন কৰিবলৈ বাধ্য হ'ব। ১৪ আগষ্টত বঙ্গীয় আইন সভাৰ কংগ্ৰেছ দলৰ নেতা কিৰণ শংকৰ ৰায়ে, চৰকাৰী ছুটী পালন নকৰাৰ কাৰণে আৰু হৰতাল অমান্য কৰি দোকান-পাট খোলা ৰখাৰ কাৰণে আহবান জনাইছিল। মুঠ কথা, সিদিনা হৰতাল পালন, ধৰ্মঘট ইত্যাদিৰ ক্ষেত্ৰত মুছলিম লীগে যি অৱস্থান গ্ৰহণ কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা ইয়াৰ বিৰুদ্ধে প্রত্যাহবান জনোৱা হৈছিল। যিয়ে নহওঁক কিয়, মুছলিম লীগ তেওঁলোকৰ প্ৰস্তাৱিত ঘোষণাৰ ফালে আগুৱাই যায় আৰু মুছলিম পত্রিকাসমূহে প্রত্যক্ষ সংগ্ৰাম দিৱসৰ কাৰ্যসূচী প্ৰকাশ কৰে। উল্লেখযোগ্য যে, তেতিয়া কলিকতাত শতকৰা হিচাপত হিন্দু ৭৩ শতাংশ, মুছলিম ২৩ শতাংশ আৰু অন্যান্য ৪ শতাংশ আছিল ৷

কলিকতাৰ মুছলিম লীগ বিধায়ক ৰাঘীব আহসান দ্বাৰা সম্পাদিত প্ৰভাৱশালী স্থানীয় মুছলিম পত্রিকা দ্য ষ্টাৰ অফ ইণ্ডিয়া' সিদিনাৰ কাৰ্যসূচী বিস্তাৰিতভাবে প্রকাশ কৰে। কাৰ্যসূচীত অত্যাৱশ্যকীয় সেৱা ব্যতীত নাগৰিক, বাণিজ্যিক ক্ষেত্ৰত সম্পূৰ্ণ হৰতাল আৰু সাধাৰণ ধৰ্মঘটৰ আহবান জনোৱা হৈছিল। বিজ্ঞপ্তিত ঘোষণা কৰা হৈছিল যে, সমদলসমূহ কলিকতা, হাওড়া, হুগলি, মেটিয়াবুৰুজ আৰু ২৪ পৰগণাৰ একাধিক অঞ্চলৰ পৰা আৰম্ভ হ'ব আৰু আকটাৰলোনি স্মৃতিস্তম্ভ(বৰ্তমান শহীদ মিনাৰ নামে পৰিচিত)ৰ পাদদেশত মিলিত হ'ব। য'ত হোসেন শহীদ সোহৰাওয়ার্দিৰ সভাপতিত্বত এটি গণসমাৱেশ অনুষ্ঠিত হ'ব। লীগৰ পৰিকল্পনাসমূহ ব্যাখ্যা কৰাৰ কাৰণে মুছলিম লীগৰ শাখাসমূহক প্ৰতিটো ওয়ার্ডৰ প্ৰতিটো মছজিদত শুক্রবাৰৰ জুমাৰ নামাজৰ আগত তিনজনকৈ কৰ্মী নিয়োগ কৰাৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিল ৷ ইয়াৰ উপৰিও শুক্রবাৰৰ জুমাৰ নামাজৰ পাছত প্ৰতিটো মছজিদত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছিল। তেওঁলোকে পবিত্ৰ কোৰআনৰ পৰা ঐশ্বৰিক অনুপ্ৰেৰণা লাভ কৰিছিল। পবিত্ৰ ৰমজান মাহৰ লগত প্ৰত্যক্ষ সংগ্ৰাম দিৱস'ৰ কাকতালীয় সম্পর্ক থকাৰ ওপৰত জোৰ দি আসন্ন বিক্ষোভসমূহ বিধৰ্মীসকলৰ বিৰুদ্ধে হজৰত মহম্মদ(ছাঃ)ৰ সংঘাত আৰু পৰৱৰ্তীকালত মক্কা বিজয় আৰু আৰৱত স্বৰ্গৰাজ্য প্ৰতিষ্ঠাৰ ৰূপক হিচাপে বৰ্ণনা কৰা হৈছিল ৷

ইফালে অখণ্ড ভাৰতৰ শ্লোগানেৰে হিন্দু জনমত গঠন কৰা হৈছিল। বাংলাৰ কিছু কংগ্ৰেছ হিন্দু নেতা পাকিস্তান আন্দোলনৰ হুমকিৰ পৰিপ্ৰেক্ষিতত নিজক সংখ্যালঘুত পৰিণত হোৱাৰ সম্ভাৱনাৰ পৰা পৰা বচাবলৈ হিন্দু পৰিচয়ৰ কাৰণে দৃঢ়ভাবে সংকল্পৱদ্ধ হৈছিল।

আজাদ হিন্দ ফৌজ(ইণ্ডিয়ান নেচনেল আমি)এ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বাসঘাতকতা, যাতনা, হত্যা সংঘটিত কৰা বুলি অভিযোগ আনি তেওঁলোকৰ বিৰুদ্ধে ১৯৪৫ চনৰ নৱেম্বৰ আৰু ১৯৪৬ চনৰ মে মাহত বিচাৰ চলিছিল। দহ জনক কোর্টমার্শ্বালো কৰা হৈছিল। ফলত এই বিচাৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল। সেয়ে ব্ৰিটিছ প্রশাসন তেওঁলোকৰ জৰুৰি একশ্বন স্কীম' অনুসাৰে সাম্প্ৰদায়িক সহিংসতাতকৈ চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদক অধিক গুৰুত্বাৰোপ কৰা হৈছিল। বাংলাৰ গভৰ্নৰ ফ্ৰেডাৰিক বোৰোজ, লর্ড ওয়াভেলৰ ওচৰত সাৰ্বজনীন চৰকাৰী ছুটী ঘোষণাৰ স্বপক্ষে এনেকৈ যুক্তি দাঙি ধৰিছিল- সোহৰাওয়ার্দিয়ে শিয়ালদহ ৰেস্ট কেম্পৰ পৰা সেনাবাহিনী অনাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু দুর্ভাগ্যবশতঃ ব্ৰিটিছ কৰ্মকৰ্তাসকলে১৭ আগষ্টৰ পুৱা ১-৪৫ বজালৈকে সেনা প্ৰেৰণ কৰা নাছিল ৷

সংঘৰ্ষ সংঘটিত কৰা লোকসকল কর্মহীন অলস আছিল। দোকান-পাট, বজাৰ খোলা থাকিলে আৰু ছুটী ঘোষণা কৰি শান্তিপ্রিয় লোকসকলক গৃহত থকাৰ সুযোগ নিদিলে ইয়াতকৈও অধিক লুটপাত আৰু হত্যাকাণ্ড সংঘটিত হ'লহেঁতেন ৷ ৰাতিপুৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈছিল। ৰাতিপুৱা দহ বজাৰ আগতেই লালবাজাৰ পুলিচ দপ্তৰ অৱগত কৰিছিল যে, চহব্যাপী উত্তেজনা, বলপূর্বক দোকান-পাট বন্ধ কৰিবলৈ বাধ্য কৰোৱা হৈছে, কাজিয়া, ছুৰিকাঘাত আৰু শিল ও ইটা নিক্ষেপ কৰাৰ ৰিপোৰ্ট আহিছে । এইবোৰ সাধাৰণত চহৰৰ উত্তৰ-মধ্য অংশ যেনে- ৰাজাবাজাৰ, কলাবাগান, কলেজ ষ্ট্ৰীট, হেৰিচন ৰোড, কলুটোল্লা আৰু বুৰজাৰত কেন্দ্ৰীভূত আছিল । ১৯১০ চনৰ ডিচেম্বৰ মাহতো এই অঞ্চলত কেবাটাও সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। এইবোৰ অঞ্চলত হিন্দুসকল সংখ্যগৰিষ্ঠ আছিল আৰু তেওঁলোক অর্থনৈতিকভাবে শক্তিশালী আছিল । ঠিক দুপৰীয়া আকটাৰলোনি মনুমেণ্টত লীগৰ সমাৱেশ আৰম্ভ হৈছিল। সমাৱেশটোক তেতিয়াৰ বাংলাৰ সবাতোকৈ বৃহৎ মুছলিম সমাৱেশ হিচাপে বিবেচনা কৰা হৈছিল ।

দুপৰীয়া দুই বজাৰ সময়ত সভা আৰম্ভ হৈছিল যদিও মধ্যাহ্নৰ নামাজৰ পাছত মিছিল গোট খাবলৈ আৰম্ভ কৰিছিল। বিপুল সংখ্যক অংশগ্ৰহণকাৰী লোহাৰ ৰড আৰু লাঠি (বাঁহৰ লাঠি) ৰে সজ্জিত আছিল বুলি জনা যায় ৷ এজন কেন্দ্রীয় গোয়েন্দা কর্মকর্তাৰ প্ৰতিবেদন অনুসৰি ৩০,০০০ আৰু কলিকতা পুলিচৰ বিশেষ শাখাৰ পৰিদৰ্শকৰ প্ৰতিবেদন অনুসৰি ৫,০০,০০০ লোক সমৱেত হৈছিল বুলি অনুমান কৰা হৈছিল ৷ পৰৱৰ্তী সংখ্যাটো অসম্ভৱ আৰু স্টাৰ অফ ইণ্ডিয়াৰ প্ৰতিবেদকে ইয়াক ১,০০,০০০ বুলি উল্লেখ কৰিছিল ৷ প্ৰধান বক্তা আছিল খাজা নাজিমুদ্দিন আৰু মুখ্যমন্ত্ৰী সোহৰাওয়ার্দি । খাজা নাজিমুদ্দিন তেওঁৰ ভাষণত শান্তি ও সংযমৰ কথা প্ৰচাৰ কৰিছিল, কিন্তু উত্তেজনা বিয় পাই দিছিল এই বুলি কৈ যে, ১১ বজালৈকে আহতসকলৰ আটায়ে মুছলমান আছিল আৰু তেওঁলোকে মাথোন আত্মৰক্ষাৰ কাৰণে ব্যস্ত আছিল।

কলিকতা পুলিচৰ বিশেষ শাখাই একমাত্র এজন শ্বৰ্টহেণ্ড ৰিপোৰ্টাৰক সভালৈ প্ৰেৰণ কৰিছিল, ফলস্বৰূপ মুখ্যমন্ত্ৰীৰ ভাষণৰ কোনো প্রতিলিপি পোৱা নাযায়। কিন্তু সামৰিক কৰ্তৃপক্ষৰ দ্বাৰা নিযুক্ত চেট্রাল ইন্টালিজেঞ্চ অফিচাৰ আৰু এজন প্ৰতিবেদকক, ফ্রেডাৰিক বোৰোজ বিশ্বাসযোগ্য বুলি ধাৰণা কৰিছিল। (কলিকতা পুলিচৰ দ্বাৰা কোনো প্রতিবেদন প্রকাশ কৰা নাছিল।) পূৰ্বৰ প্ৰতিবেদনৰ সংস্কৰণটো আছিল- তেওঁ (মুখ্যমন্ত্ৰী) পুলিচ আৰু সামৰিক ব্যৱস্থা প্ৰত্যক্ষ কৰিছিল আৰু তেওঁলোকে সভাৰ কামত কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি কৈছিল। পাছৰ সংস্কৰণটো আছিল এনেকুৱা- তেওঁ পুলিচ আৰু সামৰিক বাহিনীক সংযত কৰিবলৈ সক্ষম হৈছিল। কিন্তু পুলিচ তেওঁৰ পৰা কোনো নির্দিষ্ট নিৰ্দেশ পোৱা নাছিল। বেছিৰ ভাগ অশিক্ষিত শ্ৰোতাৰ মাজত এই ধৰণৰ বক্তব্যৰ ছাপক কোনোবা কোনোবাই বিশৃংখলাৰ প্ৰকাশ্য আমন্ত্ৰণ বুলি ধাৰণা কৰে । সভাৰ পৰা বাহিৰ হোৱাৰ লগে লগে জনতাই হিন্দুসকলৰ দোকান-পাট লুট কৰে। পৰৱৰ্তী পৰ্যায়ত কলিকতাৰ হ্যাৰিচন ৰোডত লৰি(ট্রাক) নামি অহাৰ খবৰ পোৱা যায়। কট্ৰৰপন্থী মুছলিম গুণ্ডাসকলে অস্ত্ৰ হিচাপে ইটা আৰু বটলেৰে সুসজ্জিত হৈ হিন্দু মালিকাধীন দোকানত আক্ৰমণ কৰে ৷

চহৰৰ যি অংশত সংঘৰ্ষ সংঘটিত হৈছিল, তাত সন্ধিয়া ৬ বজাত সান্ধ্য আইন(কাৰফিউ) জাৰী কৰা হৈছিল। নিশা ৮ বজাত প্ৰধান ৰাক্তা আৰু বিশেষ বিশেষ স্পৰ্শকাতৰ স্থানসমূহত টহল দিয়াৰ কাৰণে বাহিনী নিয়োগ কৰা হৈছিল ৷

১৭ আগস্টত গার্ডেন ৰিচ টেক্সটাইলৰ ওয়ার্কাৰ ইউনিয়নৰ সভাপতি ছৈয়দ আব্দুল্ল্যাহ ফাৰুকী আৰু কট্টৰ মুছলিম গুণ্ডা এলিয়ান মিস্ত্রিয়ে মেটিয়বুৰুজৰ লিচু বাগান এলেকাত কেসোৰাম কটন মিলৰ কম্পাউণ্ডত এটি বিশাল সশস্ত্ৰ জনতাৰ নেতৃত্ব দিছিল। মিলৰ শ্রমিক, যিসকলৰ মাজত উল্লেখযোগ্য সংখ্যক উড়িয়া আছিল, তেওঁলোক মিল কম্পাউণ্ডতে বাস কৰিছিল। ২৫ আগষ্টত চাৰিজন জীৱিত ব্যক্তিয়ে মেটিয়াবুৰুজ থানাত ফাৰুকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। উড়িষ্যা চৰকাৰৰ মন্ত্ৰী বিশ্বনাথ দাসে কেসোৰাম কটন মিলৰ উড়িয়া শ্রমিক হত্যাৰ তদন্ত কৰিবলৈ লিচু বাগান পৰিদৰ্শন কৰিছিল। কিছু সূত্ৰই অনুমান কৰে যে, মৃতৰ সংখ্যা ১০,০০০ আছিল। বহু লেখকে দাবী কৰে যে, হিন্দুসকল প্রাথমিকভাবে হত্যাৰ চিকাৰ হৈছিল।

আটাইতকৈ জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল ১৭ আগষ্টৰ দিনা ৷ আবেলিৰ ভিতৰত সৈন্যসকলে আটাইতকৈ বেয়া অঞ্চলসমূহ নিয়ন্ত্ৰণলৈ আনিছিল আৰু ৰাতিৰ ভিতৰত তেওঁলোকৰ নিয়ন্ত্রণাধীন অঞ্চলৰ সংখ্যা বৃদ্ধি কৰিছিল। বক্তি আৰু অন্যান্য অঞ্চল, যিবোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল, তাত প্ৰতি ঘণ্টাত অনাচাৰ আৰু সংঘৰ্ষৰ সংখ্যা বৃদ্ধি হৈ আছিল। ১৮ আগষ্টৰ ৰাতিপুৱা বাচ আৰু টেক্সিসমূহ তলোয়াৰ, লোহাৰ ৰড আৰু আগ্নেয়াস্ত্র সজ্জিত শিখ আৰু হিন্দুসকলৰ দ্বাৰা লোড কৰা হৈছিল

এসপ্তাহ ব্যাপী সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। অৱশেষত ২১ আগষ্ট, বাংলা ভাইচয়ৰ শাসনাধীনলৈ গুচি যায়। ৫ বেটেলিয়ান ব্ৰিটিছ সেনা, ৪ বেটেলিয়ান ভাৰতীয় আৰু গুৰ্খা সেনা চহৰত মোতায়েন কৰা হৈছিল। লর্ড ওয়াভেল অভিযোগ কৰিছিল যে, আগতেই অধিক সৈন্য মোতায়েন কৰা উচিত আছিল। ২২ আগষ্টত সংঘৰ্ষৰ মাত্ৰা হ্ৰাস পাইছিল৷

সোহৰাওয়ার্দি শিয়ালদহ ৰেষ্ট কেম্পৰ পৰা সেনা অনাৰ কাৰণে যৎপৰোনাক্তি চেষ্টা কৰিছিল, কিন্তু ব্ৰিটিছ কৰ্মকৰ্তাসকলৰ অনীহাৰ কাৰণে সেয়া সম্ভৱ হোৱা নাছিল। ১৭ আগষ্ট ৰাতিপুৱা ১.৪৫ বজাৰ আগলৈকে কোনো সেনা প্ৰেৰণ কৰা হোৱা নাছিল ৷

১৯৪৫ ৰ পৰা ১৯৪৬ চনৰ মাজত কলিকতাত ব্ৰিটিছ বিৰোধী সহিংসতাতকৈ হিন্দু বনাম মুছলিম বিৰোধী সহিংসতা অধিক বৃদ্ধি পাইছিল। উক্ত সহিংসতাত ভাৰতীয় খ্ৰীষ্টান আৰু ইউৰোপীয়ানসকল সাধাৰণতঃ শ্লীলতাহানিৰ পৰা মুক্ত আছিল। কাৰণ তেতিয়া হিন্দু-মুছলিম সহিংসতাৰ গতি বৃদ্ধি পাইছিল। হিন্দু-মুছলিম বিৰোধী মনোভাৱ বৃদ্ধি পোৱাত ব্ৰিটিছ বিৰোধী মনোভাৱ হ্ৰাস পাইছিল । ১৯৪৫ চনৰ নৱেম্বৰৰ সংঘৰ্ষত ইউৰোপীয়ান আৰু খ্ৰীষ্টানসকলৰ হতাহতৰ সংখ্যা আছিল ৪৬ জন, ১৯৪৬ চনৰ ১১-১৪ ফেব্ৰুৱাৰীৰ সংঘৰ্ষত ৩৫ জন, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ আগষ্ট পর্যন্ত মাত্র ৩ জন। ১৯৪৬ চনৰ ১৫ আগষ্টৰ পৰা ১৭ চেপ্তেম্বৰ পৰ্যন্ত কলিকতা সংঘৰ্ষৰ সময়ত কোনো ইউৰোপীয়ান আৰু ভাৰতীয় খ্ৰীষ্টান হতাহত হোৱা নাছিল ৷

দেশ বিভাজনৰ আগত ১৯৪৬ চনৰ হিচাপত কলিকতাত হিন্দু জনসংখ্যা আছিল ২৯,৫২,১৪২ জন, মুছলমান ১০,৯৯,৫৬২ জন আৰু শিখ ১২,৮৫২ জন। স্বাধীনতাৰ পাছত মুছলিম জনসংখ্যা ৬,০১,৮১৭ জনলৈ হ্ৰাস পাইছিল। অর্থাৎ কলিকতাৰ পৰা পূৰ্ব পাকিস্তানলৈ ৫,০০,০০০ মুছলমান স্থানান্তৰ হৈছিল। ১৯৫১ চনৰ জনগণনা অনুসৰি কলিকতাৰ জনসংখ্যাৰ ২৭ শতাংশ পূর্ব পাকিস্থানৰ পৰা অহা হিন্দু বঙালী শৰণাৰ্থী আছিল। তেওঁলোকে কলিকতাৰ অৰ্থনীতি বৃদ্ধিত প্রভূত অৱদান ৰাখিছিল। পূৰ্ব পাকিস্তানৰ পৰা অহা লাখ লাখ বঙালী হিন্দু এই চহৰত আশ্ৰয় গ্ৰহণ কৰিছিল। বহুতে অনুমান কৰে যে, ১৯৪৬-১৯৫০ চনৰ মাজত পূর্ব পাকিস্তানৰ পৰা ৩,২০,০০০ জন হিন্দু কলিকতালৈ গুচি আহিছিল। ১৯৪১ চনৰ পৰা ১৯৫১ চনলৈ কলিকতাত হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে আৰু মুছলমানৰ সংখ্য হ্ৰাস পাইছে । অর্থাৎ হিন্দু জনসংখ্যা ১৯৪১ চনৰ ৭৩ শতাংশৰ পৰা ১৯৫১ চনত ৮৪ শতাংশলৈ বৃদ্ধি পাইছিল আৰু মুছলমান জনসংখ্যা ১৯৪১ চনৰ ২৩ শতাংশৰ পৰা ১৯৫১ চনৰ জনগণনা অনুসৰি ১২ শতাংশলৈ হ্ৰাস পাইছিল। ২০১১ চনৰ জনগণনা অনুসৰি কলিকতা চহৰত সংখ্যাগৰিষ্ঠ হিন্দুৰ সংখ্যা ৭৬.৫১ শতাংশ আৰু মুছলমান জনসংখ্যা ২০.৬ শতাংশ। শিখ জনসংখ্যা ০.৩১ শতাংশ।

সংঘৰ্ষৰ সময়ত হাজাৰ হাজাৰ মানুহ কলিকতা ত্যাগ কৰি পলাই গৈছিল। মাৰপিটৰ পৰা হাত সাৰিবলৈ বহুদিন ব্যাপী হাওড়া দলঙৰ ওপৰেৰে হাওড়া ৰে'ল ষ্টেচন অভিমুখে জনস্রোত বৈছিল৷ সহিংসতা ইতিমধ্যে কলিকতাৰ বাহিৰলৈ বিয়পি পৰিছিল, ফলত তেওঁলোকৰ বহুতে সেই সহিংসতাৰ বলি হৈছিল। লর্ড ওয়াভেল ১৯৪৬ চনৰ ২৭ আগষ্টত এক সাক্ষাতকাৰৰ সময়ত দাবী কৰিছিল যে, মহাত্মা গান্ধীয়ে তেওঁক কৈছিল- যদি ভাৰত ৰক্তপাত বিচাৰে, তেনেহ'লে সেয়া পাব......যদি ৰক্তপাতৰ প্রয়োজন হয়, তেনেহ'লে সেয়া অহিংসা সত্ত্বেও ঘটিব।'

কলিকতা গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সোহৰাওয়ার্দি পক্ষপাতদুষ্ট বুলি সমালোচিত হৈছিল আৰু বাংলাৰ গভর্নৰ ফ্ৰেডাৰিক বোৰোজ পৰিস্থিতি নিয়ন্ত্ৰণ নকৰাৰ কাৰণে সমালোচিত হৈছিল। মুখ্যমন্ত্ৰী সোহৰাওয়ার্দি বহু সময় লালবাজাৰ পুলিচ দপ্তৰৰ কন্ট্রোল ৰুমত কটাইছিল আৰু তেওঁৰ লগত প্ৰায়ে কিছু সমর্থক উপস্থিত থাকিছিল । ৰাজ্যপালৰ প্ৰত্যক্ষ নিৰ্দেশৰ ফলত মুখ্যমন্ত্ৰীয়ে যেতিয়া বিচাৰে তেতিয়াই পুলিচ কন্ট্রোল ৰুম পৰিদৰ্শন কৰিব পাৰিছিল।

মুছলিম লীগৰ বিশিষ্ট নেতৃবৰ্গ পুলিচ কন্ট্রোল ৰুমত বহু সময় ব্যয় কৰিছিল আৰু তেওঁলোকে অপাৰেশ্বন পৰিচালনাৰ নিৰ্দেশ দিছিলপুলিচৰ কামত বাধা প্ৰদানৰ ক্ষেত্ৰত সোহৰাওয়ার্দিৰ ভূমিকা নথিভুক্ত কৰা হৈছিল ।

ব্ৰিটিছ চৰকাৰ আৰু কংগ্ৰেছ উভয়েই প্ৰত্যক্ষ সংগ্ৰাম দিৱসৰ আহ্বান দিয়াৰ কাৰণে জিন্নাহক দায়ী কৰিছে আৰু জাতীয়তাবাদী মনোভাৱ জগাই তোলাৰ কাৰণে মুছলিম লীগক জগৰীয়া কৰিছে ৷

প্রত্যক্ষ সংগ্ৰাম দিৱসৰ সংঘৰ্ষৰ কাৰণ সম্পর্কে বিভিন্ন জনে বিভিন্ন মতামত পোষণ কৰিছে । হিন্দু সংবাদপত্রই সোহৰাওয়ার্দি চৰকাৰ আৰু মুছলিম লীগক দায়ী কৰিছে। হিন্দু সংবাদপত্র কর্তৃপক্ষ মতে স্বাধীন পাকিস্তান দাবীৰ সমৰ্থনত মুছলিম লীগ আৰু ইয়াৰ স্বেচ্ছাসেৱক বাহিনীয়ে বলপূর্বকভাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিছিল । পক্ষান্তৰে মুছলিম লীগৰ সমৰ্থকসকলে বিশ্বাস কৰিছিল যে, বাংলাৰ মুছলিম লীগ চৰকাৰক দুৰ্বল কৰাৰ কাৰণে কংগ্ৰেছ সহিংসতাৰ পশ্চাদত আছিল। সংঘৰ্ষ সংঘটিত আৰু বাধা প্ৰদানত ব্যর্থ হোৱাৰ কাৰণে ইতিহাসবিদ জয়া চেটাৰ্জিয়ে সোহৰাওৰ্দি চৰকাৰক দায়ী কৰিছে। হিন্দু নেতৃবৰ্গও এই ক্ষেত্ৰত দোষী আছিল বুলি তেওঁ উল্লেখ কৰিছে। মহাত্মা গান্ধী আৰু জওহৰলাল নেহৰুসহ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলে সংঘৰ্ষৰ প্ৰতি নেতিবাচক প্রতিক্রিয়া আৰু শোক প্ৰকাশ কৰিছিল ৷

প্রত্যক্ষ সংগ্ৰাম দিৱসৰ পাছত নোয়াখালী, বিহাৰ আৰু পাঞ্জাৱত হিন্দু, শিখ আৰু মুছলমানৰ মাজত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল।

নোয়াখালি সংঘর্ষ-প্রত্যক্ষ সংগ্ৰাম দিৱসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আছিল নোয়াখালী সংঘর্ষ। ১৯৪৬ চনৰ অক্টোবৰত নোয়াখালী-টিপ্পেৰা জিলাত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। কলিকতা সংঘৰ্ষৰ প্রতিক্রিয়া হিচাপে এই সংঘৰ্ষ সংঘটিত হৈছিল। যিয়ে নহওঁক, এই সহিংসতাৰ প্ৰকৃতি কলিকতা সহিংসতাতকৈ ভিন্ন প্ৰকৃতিৰ আছিল বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে ৷

১৯৪৬ চনৰ ১০ অক্টোবৰত উত্তৰ নোয়াখালী জিলাৰ ৰামগঞ্জ থানাৰ এলেকাধীন অঞ্চলত সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষক মুছলিম জনতাৰ সংগঠিত ক্ষোভ হিচাপে বৰ্ণনা কৰা হৈছে। এই সংঘৰ্ষই কম সময়ৰ ভিতৰতে নোয়াখালীৰ ৰায়পুৰ, লক্ষ্মীপুৰ, বেগমগঞ্জ, আৰু সন্দীপৰ পার্শ্বৱৰ্তী থানা, টিপ্পেৰাৰ ফৰিদগঞ্জ, হাজীগঞ্জ, চাঁদপুৰ, লাকশাম আৰু চুড়গ্রাম অঞ্চলক গ্ৰাস কৰিছিল । সাম্প্ৰদায়িক সহিংসতাৰ কাৰণে সংঘটিত সংঘৰ্ষ ব্যাপক আছিল । যাৰ ফলত হতাহতৰ সংখ্যা নিৰ্ধাৰণ কৰা কঠিন হৈ পৰিছিল। চৰকাৰী হিচাপত মৃতৰ সংখ্যা ২০০ জনৰ পৰা ৩০০ জনৰ ভিতৰত ৰখা হৈছিল। সংঘৰ্ষ বন্ধ হোৱাৰ পাছত মুছলিম লীগে দাবী কৰিছিল যে, মাৰপিটত ৫০০ জন হিন্দু নিহত হৈছে। কিন্তু সংঘৰ্ষৰ বলি হৈ জীয়াই থকা লোকসকলে অভিমত ব্যক্ত কৰিছিল যে, ৫০,০০০ জনৰো অধিক হিন্দু মানুহক হত্যা কৰা হৈছিল। জেনেৰেল ফ্ৰান্সিচ টুকাৰ, যিজন সংঘৰ্ষৰ সময়ত ইষ্টার্ণ কমাণ্ডৰ দায়িত্বত আছিল, তেওঁ অভিমত ব্যক্ত কৰিছিল যে, হিন্দু প্রেছে ইচ্ছাকৃতভাবে অতিৰঞ্জিত প্রতিবেদন দাখিল কৰিছিল, নিৰপেক্ষ আৰু ব্যাপকভাবে গৃহীত মৃতকৰ সংখ্যা আছিল ৫,০০০ জন ।

বাংলাৰ গভর্নৰ ফ্ৰেডাৰিক বাৰোজৰ মতে, অশান্তিৰ তাৎক্ষণিক উপলক্ষ্য আছিল, এটি গণ সমাৱেশ ৷ গণ সমাৱেশ অনুষ্ঠিত হোৱাৰ পাছত ৰামগঞ্জ থানাৰ এখন বজাৰত লুটপাত চলোৱা হৈছিল । তাৰ পৰাই ঘটনাৰ সূত্ৰপাত হৈছিল ।

বিহাৰ আৰু অৱশিষ্ট ভাৰত- ১৯৪৬ চনৰ শেষৰ ফালে বিহাৰত এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। ৩০ অক্টোবৰৰ পৰা ৭ নৱেম্বৰৰ মাজত সংঘটিত হোৱা বৃহৎ গণহত্যাৰ ফলত দেশ বিভাগ অনিবাৰ্য কৰি তুলিছিল। ২৫ ৰপৰা ২৮ অক্টোবৰৰ মাজত ছাপৰা আৰু ছাৰন জিলাত ব্যাপক সহিংসতা বিয়পি পৰিছিল। অতি কম সময়ৰ ভিতৰতে পাটনা, মুঙ্গেৰ আৰু ভাগলপুৰত মাৰাত্মক সহিংসতা বিয়পি পৰিছিল। সহিংসতা নোয়াখালি সংঘৰ্ষৰ প্ৰতিক্ৰিয়া হিচাপে আৰম্ভ হৈছিল আৰু মৃতৰ সংখ্যা তাৎক্ষণিক প্ৰতিবেদনত ব্যাপকভাবে দাঙি ধৰা হৈছিল। বিক্ষিপ্ত গ্রামসমূহৰ এক ব্যাপক অঞ্চলব্যাপী সহিংসতা বিয়পি পৰাৰ ফলত প্রশাসন কৰ্তৃপক্ষৰ পক্ষে ইয়াৰ মোকাবিলা কৰা কঠিন হৈ পৰিছিল আৰু সঠিক হতাহতৰ সংখ্যা নিৰূপন কৰা অসম্ভৱ হৈছিল। ব্ৰিটিছ পালামেণ্টৰ পৰৱৰ্তী বিবৃতি অনুসাৰে মৃতৰ সংখ্যা আছিল ৫,০০০ জন। ষ্টেটচমেন পত্রিকা অনুমান কৰিছিল যে, ,৫০০ জনৰ পৰা ১০,০০০ জন লোক সংঘৰ্ষৰ চিকাৰ হৈছিল ৷ কংগ্ৰেছ দল ২০০০ জন লোক সংঘৰ্ষৰ বলি হৈছিল বুলি স্বীকাৰ কৰিছিল। মুছলিম লীগৰ সভাপতি জিন্নাহই ৩০,০০০ জন লোক সংঘৰ্ষৰ বলি হৈছিল বুলি দাবী কৰিছিল। মাত্র ৪৪৫ জন লোক মৃত্যুমুখত পৰিছিল বুলি ৩ নৱেম্বৰত চৰকাৰ অফিচিয়ালভাবে ঘোষণা কৰিছিল ৷

সাম্প্ৰতিক কালৰ কিছু নিৰপেক্ষ সুত্ৰৰ মতে মৃতৰ সংখ্যা ৮,০০০ জন আছিল বুলি প্ৰকাশ কৰা হৈছে।

১৯৪৬ চনৰ নৱেম্বৰত যুক্ত প্ৰদেশৰ গড়মুঙ্গেৰত আটাইতকৈ মাৰাত্মক গণহত্যা সংঘটিত হৈছিল ৷ য'ত বাৰ্ষিক ধৰ্মীয় মেলাৰ সময়ত হিন্দু তীর্থযাত্ৰীসকলে মেলাৰ ময়দান আৰু মেলা সংলগ্ন চহৰত মুছলমানসকলৰ ওপৰত আক্ৰমণ চলাইছিল। তাত মৃতৰ সংখ্যা ১০০০ জনৰ পৰা ২০০০ জন আছিল বুলি অনুমান কৰা হৈছিল। ১৯৪৬ চনৰ শেষৰ ফালে আৰু ১৯৪৭ চনৰ আৰম্ভণীত পাঞ্জাৱ আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত সাম্প্রদায়িক সংঘৰ্ষ সংঘটিত হৈছিল।

উপসংহাৰ- তেতিয়া মানুহবিলাক কম শিক্ষিত বা কোনো কোনো অঞ্চলত মুঠেই শিক্ষিত নাছিল ৷ তদুপৰি যোগাযোগৰ কোনো ভাল ব্যৱস্থা নাছিল। লগতে আছিল ৰাজনৈতিক নেতাসকলৰ ক্ষমতাৰ দ্বন্দ্ব। গতিকে প্রকৃত ঘটনাৰ উমগম নোপোৱাকৈয়ে একমাত্ৰ উৰা বাতৰিৰ ওপৰত নিৰ্ভৰ কৰি সংঘৰ্ষ ব্যাপকভাবে বিয়পি পৰিছিল আৰু সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ লোক হতাহত হৈছিল। কিন্তু ঐকৈছ শতিকাতো সেই সংঘৰ্ষৰ ধাৰাবাহিকতা অক্ষুণ্ণ থকাটো লজ্জাজনক নহয় নে বাৰু?

(প্ৰত্যক্ষ সংগ্ৰাম দিৱসৰ দিনা সংঘটিত নৰহতাৰ দৃশ্য) )

 

           ভাৰতীয় নাগৰিকত্ব আইন-১৯৫৫

নাগৰিকত্বৰ পৰিভাষা- নাগৰিকত্ব আৰু জাতীয়তা শব্দৰ মাজৰ পাৰ্থক্য সকলো সময়ত ইংৰাজীত স্পষ্ট নহয় আৰু দেশ অনুসাৰে ভিন্‌ ভিন্‌ হয়। সাধাৰণতঃ নাগৰিকত্ব হ'ল এখন ৰাষ্ট্ৰৰ সদস্যতাৰ আইনী স্বীকৃতি আৰু জাতীয়তা হল, এখন দেশৰ লগত এজন ব্যক্তি আৰু পূৰ্বপুৰুষ(পিতৃ-মাতৃ)ৰ লগত বংশগত সম্পর্ক । অর্থাৎ জাতীয়তা হ'ল বংশগত সদস্য পদ। জাতিসংঘৰ সাৰ্বজনীন মানৱাধিকাৰ এ ১৯৪৮ চনত ঘোষণা কৰিছে যে, প্রত্যেকৰে জাতীয়তাৰ অধিকাৰ আছে আৰু কাকো তেওঁলোকৰ জাতীয়তাৰ পৰা স্বেচ্ছাচাৰীভাবে বঞ্চিত কৰিব পৰা নাযাব। পক্ষান্তৰে আইনী প্ৰয়োজনীয়তা পূৰণ কৰি নাগৰিকত্ব লাভ কৰিব লাগে আৰু নাগৰিকত্বই এজন ব্যক্তিৰ অধিকাৰ আৰু বাধ্যবাধকতা নিৰ্ধাৰণ কৰে।

সাধাৰণতঃ ভাৰতীয় প্ৰেক্ষাপটত নাগৰিকত্ব আৰু জাতীয়তা পদ দুটা পৰস্পৰ সালসলনি যোগ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ ভাৰতৰ মহামান্য চুপ্রিম কোর্টে নাগৰিকত্ব সম্পর্কে ভাৰতীয় নাগৰিকত্ব আইনত প্ৰযোজ্য অধিক সুনির্দিষ্ট সংজ্ঞা প্রদান কৰিছে- নাগৰিকত্ব হ'ল এনেকুৱা আইনী মৰ্যদা যি মাথোন বা কেবলমাত্র প্রাকৃতিক(প্রাকৃতিক ব্যক্তি হ'ল এজন স্বতন্ত্র ব্যক্তি যিজন বিস্তৃত শ্ৰেণীৰ পৰা পৃথক) ব্যক্তিসকলৰ দ্বাৰা ধাৰণ কৰা যাব পাৰে আৰু এজন ব্যক্তিয়ে যিবোৰ নাগৰিক বা ৰাজনৈতিক অধিকাৰ প্ৰয়োগ কৰিব পাৰে, সেয়া নিৰ্দ্ধাৰণ কৰে। পক্ষান্তৰে জাতীয়তা হ'ল এনেকুৱা এক মৰ্যদা যি প্রাকৃতিক আৰু বিচাৰিক উভয় ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে ।

১৬০০ চনত ৰাজকীয় চনদ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপিত হৈছিল আৰু এই চনদ দ্বাৰা এটা সময়ত এছিয়াৰ সমগ্র বাণিজ্য একচেটিয়াভাবে অধিকাৰ কৰিছিলসোতশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতীয় উপমহাদেশত নীল, লোণ (ছল্টপিটাৰ)আৰু ভাৰতীয় টেক্সটাইল ব্যৱসায়ৰ জৰিয়তে এক শক্তিশালী বাণিজ্যিক স্থিতিত উপনীত হৈছিল। ওঠৰশ শতিকাত মোগল সাম্ৰাজ্যৰ পতনৰ ফলত তেওঁলোকৰ ব্যৱসায় অধিক লাভজনক হৈ উঠে আৰু তেওঁলোকে আঞ্চলিক ৰাজনীতিত হস্তক্ষেপ কৰি আৰু অধিক সুযোগ-সুবিধা লাভ কৰিবলৈ সক্ষম হয়। শক্তিশালী আৰ্থিক সংস্থান আৰু উচ্চতৰ সামৰিক শক্তিৰ বলত এটা সময়ত তেওঁলোক ইউৰোপীয় অন্যান্য প্রতিদ্বন্দ্বী বাণিজ্যিক সংস্থাবোৰক পৰাজিত কৰি প্ৰভাৱশালী শক্তিত পৰিণত হয়। ১৭৫৭ চনৰ ২৩ জুনত সংঘটত পলাচীৰ যুদ্ধত বংগৰ নবাব সিৰাজ-উদ-দৌলাক পৰাজিত কৰি তেওঁলোকে বংগৰ শাসনভাৰ চম্ভালে আৰু মোগল সাম্ৰাজ্যৰ দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকে প্রায় সমগ্ৰ ভাৰতবৰ্ষত নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ ইষ্ট ইণ্ডিয়া কোম্পানী ১৭৫৭ চনৰ পৰা ১৮৫৮ চনলৈকে পোনপটীয়াভাবে ভাৰতৰ শাসনকাৰ্য পৰিচালনা কৰিছিল, যদিও বিশেষ বিশেষ ক্ষেত্ৰত মোগল সম্ৰাটৰ লগত সাৰ্বভৌমত্ব ভাগ কৰিব লগা হৈছিল। ১৮৫৮ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত তেওঁলোকে বাহাদুৰ শ্বাহক পৰাজিত আৰু নিৰ্বাসিত কৰি ভাৰতৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। ব্ৰিটিছ শাসনকালত একমাত্ৰ ভাৰতত বসবাসকাৰী ব্ৰিটিছ প্রজাসকলক উদ্দেশ্য কৰি নাগৰিকত্ব আইন প্ৰণয়ন কৰা হৈছিল, ফলত স্থানীয় ভাৰতীয়সকলৰ নাগৰিকত্বৰ অৱস্থান অস্পষ্ট আছিল ৷

ইষ্ট ইণ্ডিয়া কোম্পানী দ্বাৰা নিয়ন্ত্রিত অঞ্চলত বসবাসকাৰী বিদেশীসকলক আবেদনৰ মাধ্যমত ব্ৰিটিছ প্ৰজা হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ১৮৫২ চনত এখন আইন প্ৰণয়ন কৰা হৈছিল। এই আইনমতে কোনো ন্যূনতম বাসস্থানৰ প্ৰয়োজন নাছিল, কোনো ব্যক্তিয়ে নাগৰিকত্বৰ কাৰণে মাথোন এগৰাকী চৰকাৰী বিষয়াৰ অনুমোদন লোৱাৰ প্ৰয়োজন হৈছিল। ব্ৰিটিছ প্ৰজা হিচাপে অনুমোদন পোৱাৰ পাছত ব্যক্তিজনে কোম্পানীৰ প্ৰতি আনুগত্যৰ শপত লোৱাৰ সমান্তৰালভাবে ব্ৰিটিছ সম্ৰাটৰ প্ৰতি আনুগত্যৰ শপত ল'ব লগা হৈছিল। কিন্তু স্থানীয় ভাৰতীয়সকলৰ নাগৰিকত্বৰ কাৰণে কোনো ধৰণৰ আবেদনৰ প্রয়োজন নাছিল, তেওঁলোক জন্মসূত্রে ব্ৰিটিছ শাসিত ভাৰতৰ নাগৰিক আছিল । ফলত তেওঁলোকৰ(ভাৰতীয়ৰ) কাৰণে নাগৰিকত্ব আইন প্ৰণয়নৰ প্ৰয়োজন হোৱা নাছিল।

১৯৪৭ চনত ভাৰতীয় উপমহাদেশ বিভাজন হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন সার্বেভৌম স্বাধীন ৰাষ্ট্ৰ সৃষ্টি হয়। ফলত ভাৰত আৰু পাকিস্তানৰ মাজত নতুন সীমান্ত সৃষ্টি হয়। তেতিয়া নতুন সীমান্তব্যাপী ব্যাপক জনসংখ্যাৰ গতিবিধি আৰম্ভ হৈছিল। ফলত ভাৰতীয়সকলৰ কাৰণে নাগৰিকত্বৰ প্রশ্ন উত্থাপন হৈছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানৰ নাগৰিকত্ব আইন কার্যকৰ কৰা হয় আৰু ভাৰতত বসবাস তথা জন্মগ্ৰহণ কৰা লোকসকল অথবা তেওঁলোকৰ পিতৃ-মাতৃৰ যিকোনো এজন যদি ভাৰতত জন্মগ্ৰহণ কৰিছিল অথবা ভাৰতীয় সংবিধান প্ৰণয়নৰ পাঁচ বছৰ আগৰ পৰা ভাৰতত বসবাস কৰিছিল তেওঁলোক স্বয়ংক্রিয়ভাবে ভাৰতৰ নাগৰিকৰ মৰ্যদা লাভ কৰিছিল ৷ পক্ষান্তৰে ভাৰতীয় বংশোদ্ভৱ ব্যক্তিসকলৰ যিসকলে স্বেচ্ছাকৃতভারে এখন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল, তেওঁলোকক ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হৈছিল। অৱশ্যে ভাৰতীয় বংশোদ্ভৱ ব্যক্তিসকলৰ কাৰণে পঞ্জীয়নৰ জৰিয়তে নাগৰিকত্ব লাভৰ সুযোগ প্ৰদান কৰা হৈছিল ৷

১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান বাস্তৱায়িত হৈছিল আৰু সংবিধানৰ সূচনাত দেশৰ সকলো বাসিন্দাৰ নাগৰিকত্ব নিশ্চিত কৰা হৈছিল আৰু পক্ষান্তৰে অভিবাসীসকলৰ নাগৰিকত্ব নিৰ্দ্ধাৰণৰ সুযোগ সীমিত কৰা হৈছিল । তাত ধৰ্মৰ ভিত্তিত কোনো পার্থক্য কৰা হোৱা নাছিল ৷ ভাৰতীয় নাগৰিকত্ব অৰ্জন আৰু নিৰ্দ্ধাৰণৰ কাৰণে ১৯৫৫ চনত ভাৰতীয় প্ৰজাতন্ত্ৰৰ ষষ্ঠ বৰ্ষত এখন আইন প্ৰস্তুত আৰু পাচ কৰা হৈছিল, সেয়াই ভাৰতীয় নাগৰিকত্ব আইন-১৯৫৫ নামে পৰিচিত। আইনখনে বিদেশী নাগৰিকসকলক ভাৰতীয় নাগৰিকত্ব অৰ্জনৰ কাৰণে দুটা উপায় নিৰ্দ্ধাৰণ কৰিছিল() অবিভক্ত ভাৰতৰ পৰা অহা লোকসকলক পাঁচ বছৰ ভাৰতত বসবাস কৰাৰ পাছত পঞ্জীয়নৰ সুযোগ প্ৰদান কৰা হৈছিল আৰু (খ) দহ বছৰ ভাৰতত বসবাস কৰাৰ পাছত তেওঁলোকক নাগৰিকত্ব লাভৰ সুবিধা প্ৰদান কৰা হৈছিল ৷

আইনখনত অবৈধ প্ৰব্ৰজনকাৰীৰ সংজ্ঞা আগবঢ়োৱা হৈছিল এনেদৰে- যদি এজন বিদেশী, যিজনে বৈধ পাচপোর্ট বা কর্তৃপক্ষৰ অনুমোদিত নথি অবিহনে ভাৰতত প্ৰৱেশ কৰে অথবা বৈধ পাচপোর্ট বা কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত ভ্ৰমণ নথিসহ প্ৰৱেশ কৰি নিৰ্দ্ধাৰিত সময়তকৈ অধিক দিন ভাৰতত থাকে, তেনেহলে তেওঁ অবৈধ অনুপ্ৰৱেশেকাৰী হিচাপে গণ্য কৰা হ'ব।

কোন কোন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব ভাৰতীয় নাগৰিকত্ব আইনে সেই সংজ্ঞাও আগবঢ়াইছে। আইনৰ দুটা প্রাথমিক অংশ হ'ল ভাৰতীয় সংবিধান আৰু নাগৰিকত্ব আইন- ১৯৫৫। ১৯৫০ চনৰ ২৬ জানুৱাৰী আৰু ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে, পিতৃ-মাতৃৰ নাগৰিকত্ব নির্বিশেষে, স্বয়ংক্রিয়ভাবে জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। ১৯৫৫ চনৰ নাগৰিকত্ব আইনখন ১৯৮৬, ১৯৯২, ২০০৩, ২০০৫,২০১৫ আৰু ২০১৯ চনত সংশোধন কৰা হৈছে।

নাগৰিকত্ব (সংধোনী)আইন-১৯৮৬- ১৯৮০-ৰ দহকৰ ৰাজনৈতিক উন্নয়ন, বিশেষকৈ বাংলাদেশৰ পৰা অহা অভিবাসীসকলৰ বিৰুদ্ধে সহিংস অসম আন্দোলনৰ ফলত ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন আৰম্ভ হয়। ৰাজীৱ গান্ধী চৰকাৰৰ স্বাক্ষৰিত অসম চুক্তিৰ পাছত ১৯৮৫ চনত আইনখন প্রথম সংশোধন কৰা হৈছিল। কিছু চৰ্ত সাপেক্ষে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা বাংলাদেশী অভিবাসীসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছিল। তেতিয়াৰ পৰা অসম চৰকাৰ ১৯৭১ চনৰ পাছত অহা বাংলাদেশী অভিবাসীসকলক চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰৰ কাম আৰম্ভ কৰিছে ।

ভাৰতৰ উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহত অভিবাসী আৰু উদ্বাস্তুসকলৰ বিৰুদ্ধে ছবছৰীয়া আন্দোনৰ পাছত ১৯৮৫ চনৰ ১৫ আগষ্টত ৰাজীৱ গান্ধীৰ উপস্থিতিত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৰ্গৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অন্যান্য বিষয়বোৰৰ মাজত ভাৰত চৰকাৰে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰা হ'ব। ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ১৯৮৬ চনত এটি সংশোধনী প্ৰস্তাৱ অনা হৈছিল আৰু ইয়াক কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে পাচ কৰিছিল। ১৯৮৬ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসাৰে ১৯৮৭ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ৩ ডিচেম্বৰৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰিলে, তেওঁৰ পিতৃ-মাতৃৰ অন্ততঃ এজন ভাৰতীয় নাগৰিক হ'লেহে, তেওঁক জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। এই সংশোধনীত ১৯৮৭ চনৰ আগত ভাৰতত জন্মগ্ৰহণ কৰা সকলো নাগৰিকক জন্মসূত্ৰে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছিল আৰু যিজনৰ পিতৃ-মাতৃ উভয়ে বিদেশী সেই দ্বিতীয় প্ৰজন্মৰ উদ্বাস্তুসকলৰ কাৰণে নাগৰিকত্ব প্ৰদানৰ বাট অৱৰুদ্ধ কৰিছিল।

ইয়াৰ আগতে ১৯৮৩ চনত কংগ্ৰেছ চৰকাৰে অবৈধ অভিবাসী(ট্রাইবুনেল দ্বাৰা নিৰ্ণয়)আইন পাচ কৰিছিল। আৰু ট্ৰাইবুনেল কাৰ্যক্ৰমৰ মাধ্যমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ এক ব্যৱস্থা প্ৰতিষ্ঠিত হৈছিল।

নাগৰিকত্ব আইন-২০০৩- বিপুল সংখ্যক অবৈধ অভিবাসী, যিসকলৰ অধিক সংখ্যক বাংলাদেশী, ভাৰতত বাস কৰে। বৰ্ডাৰ মেনেজমেণ্ট টাস্কফোর্চ’-এ ২০০১ চনত ১৫ মিলিয়ন অবৈধ অভিবাসীৰ পৰিসংখ্যা উদ্ধৃত কৰিছিল। ২০০৪ চনত ইউপিএ চৰকাৰে সংসদত কৈছিল যে, ভাৰতত ১২ মিলিয়ন অবৈধ বাংলাদেশী অভিবাসী আছে। উন্মুক্ত সীমান্ত, ঐতিহাসিক অভিবাসনৰ ধৰণ, অর্থনৈতিক কাৰণ, সাংস্কৃতিক আৰু ভাষাগত সম্পর্কক এই বৃহৎ সংখ্যক অভিবাসনৰ কাৰণ হিচাপে চিহ্নিত কৰা হৈছিল ৷ বাংলাদেশৰ পৰা অহা অভিবাসীসকলৰ বহুতে ভোটাধিকাৰ পোৱাৰ কথাও উল্লেখ কৰা হৈছিল । নীৰজা জয়ালে এই অভিবাসীসকলক নির্বাচনত জয়ী হোৱাৰ কাৰণে ভোটবেংক হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰিছিল। বাংলাদেশী পণ্ডিত আবুল বৰকতে ১৯৬৪ চনৰ পৰা ২০১৩ চনৰ ভিতৰত বছৰি সৰ্বাধিক ২,৩০,৬১২ হাৰে লোক বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে বুলি উল্লেখ কৰিছে। সামৰিক প্ৰশাসনৰ হাতত ধৰ্মীয় নিপীড়নৰ বলি হৈ স্বাধীনোত্তৰ কালত তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল। তেওঁলোকৰ অধিক সংখ্যকে অসম আৰু পশ্চিম বংগত বাস কৰে। বহুতো অভিবাসী আকৌ দিল্লীৰ দৰে ডাঙৰ চহৰত কামৰ সন্ধানত ঘুৰি ফুৰে ৷ অজানা সংখ্যক পাকিস্তানী হিন্দু শৰণাৰ্থীও ভাৰতত বাস কৰে। ধৰ্মীয় নিপীড়নৰ বলি হৈ প্ৰতি বছৰ ৫,০০০ উদ্বাস্তু ভাৰতত প্ৰৱেশ কৰে বুলি অনুমান কৰা হৈছে।

ভাৰত ১৯৫১ চনৰ জাতিসংঘ শৰণার্থী কনভেনশ্বন বা ১৯৬৭ চনৰ প্ৰ'টোকল স্বাক্ষৰকাৰী দেশ নহয়। শৰণাৰ্থী সম্পৰ্কে ভাৰতৰ নিৰ্দিষ্ট কোনো জাতীয় নীতি নাই। সকলো অভিবাসীক শৰণাৰ্থী হিচাপে শ্ৰেণীৱদ্ধ কৰা হয়। জওহৰলাল নেহৰু চৰকাৰৰ সিদ্ধান্ত মতে, শৰণাৰ্থী সম্পৰ্কে ভাৰতৰ ঐতিহ্যগত অৱস্থান হ'ল- ভাৰত শৰণাৰ্থীসকলক বিশেষ পৰিস্থিতিত আতিথেয়তা দিবলৈ ইচ্ছুক, কিন্তু পৰিস্থিতি স্বাভাৱিক হ'লে এই ধৰণৰ শৰণাৰ্থীসকল নিজ দেশলৈ উভতি যাব লাগিব । জাতিসংঘৰ শৰণাৰ্থী আৰু অভিবাসন কমিটিৰ মতে ভাৰত ৪,৫৬,০০০ ৰো অধিক শৰণাৰ্থীক অতিথেয়তা প্রদান কৰিছে, ইয়াৰে ২,০০,০০০ শৰণাৰ্থীক জাতিসংঘৰ শৰণাৰ্থী হাই কমিচনাৰৰ মাধ্যমত অতিথেয়তা প্ৰদান কৰিছে । শুভ্ৰ চৰকাৰৰ মতে, ১৯৫০ চনৰ পৰা বিশেষকৈ ১৯৯০ দহকৰ পৰা বিভিন্ন ৰাজনৈতিক দলৰ চৰকাৰে অভিবাসী আৰু শৰণাৰ্থীসকলক স্বাভাৱিকীকৰণৰ কাৰণে আইন অধ্যয়ন আৰু খচৰা তৈয়াৰ কৰিছে।

১৯৯৬ চনৰপৰা হিন্দু জাতীয়তাবাদী ভাৰতীয় জনতা দল(বিজেপি)-এ বিদেশীসকলক চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰৰ কাৰণে নিৰ্বাচনী ঘোষণাপত্ৰ প্ৰকাশ কৰি আহিছে ৷ ১৯৯৮ চনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত ভাৰতীয় জনতা দল চৰকাৰে ১৯৪৬ চনৰ ফৰেইনাৰ্চ এক্ট সংশোধনীৰ কাৰণে এটি খচৰা প্ৰস্তুত কৰিছিল আৰু তাত বিদেশী আৰু অভিবাসনত উৎসাহিত কৰা লোকসকলৰ কাৰণে জেল, জৰিমনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷ আইন পৰিষদৰ পৰা পৰ্যালোচনা প্রতিবেদন পোৱাৰ পাছত ২০০৩ চনৰ বাজেট অধিৱেশন চলাৰ সময়ত ৭ মে স্বৰাষ্ট্রমন্ত্রী এল, কে, আদৱানিয়ে বিলখন উত্থাপন কৰিছিল আৰু স্বৰাষ্ট্ৰ বিষয়ক সংসদীয় স্থায়ী কমিটিলৈ প্ৰেৰণ কৰা হৈছিল। ২০০৩ চনৰ ডিচেম্বৰ মাহত বিলটো সংসদৰ উভয় সদনলৈ উভতি আহিছিল আৰু ডিচেম্বৰৰ ১৮ তাৰিখত ৰাজ্যসভা দ্বাৰা সৰ্বসন্মতিক্রমে পাচ হোৱাৰ পাছত ২২ ডিচেম্বৰত কোনো ধৰণৰ বিৰোধিতা নোহোৱাকৈ লোকসভাত গৃহীত হৈছিল। ২০০৪ চনৰ ৭ জানুৱাৰীত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্বাৰা আইনখন অনুমোদন হোৱাৰ পাছত ২০০৪ চনৰ ৩ ডিচেম্বৰৰ পৰা আইনখন কাৰ্যকৰী কৰা হৈছিল ৷ কংগ্ৰেছ, এআইএডিমকে, ৰাষ্ট্ৰীয় জনতা দল আৰু অন্যান্য বিৰোধী দলে বিলখন সমৰ্থন কৰিছিল আৰু বিলখনক দ্বৈত নাগৰিকত্ব বিল হিচাপে চিহ্নিত কৰা হৈছিল।

২০০৩ চনৰ নাগৰিকত্ব (সংশোধিত) আইনত অবৈধ অভিবাসী'ৰ ধাৰণা আৰু সংজ্ঞা প্ৰৱৰ্তন কৰা হৈছিল আৰু অবৈধ অভিবাসীসকলক কাৰাগাৰত নিক্ষেপ অথবা নিৰ্বাসিত কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ পঞ্জীয়ন বা প্রাকৃতিককৰণৰ মাধ্যমত অবৈধ অভিবাসীসকলক নাগৰিকত্বৰ কাৰণে যোগ্য কৰি তোলাৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। পূৰ্বৰ নাগৰিকত্ব আইন অনুসৰি ভাৰতত জন্মগ্ৰহণ কৰা প্ৰত্যেক ব্যক্তিক ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পাছত কিন্তু ১৯৮৭ চনৰ ১ জুলাইৰ পাছত আৰু ২০০৩ চনৰ সংশোধনী নাগৰিকত্ব আইন প্ৰৱৰ্তন হোৱাৰ আগলৈকে পিতৃ-মাতৃৰ যিকোনো এজন ভাৰতৰ নাগৰিক হ'লে তেওঁক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু নাগৰিকত্ব (সংশোধনী)আইন- ২০০৩ প্ৰৱৰ্তন হোৱাৰ পাছত পিতৃ-মাতৃৰ কোনো এজন অবৈধ অভিবাসী হ'লে ভাৰতত জন্মগ্রহণ কৰা শিশুসকলক জন্মসূত্ৰে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা নাছিল। অর্থাৎ পিতৃ-মাতৃ উভয়ে ভাৰতৰ নাগৰিক হ'লেহে তেওঁক নাগৰিকত্বৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হৈছিল। ভাৰতীয় বংশোদ্ভৱ অন্যান্য দেশৰ নাগৰিকসকলৰ কাৰণে ভাৰতৰ অভাৰচিছ চিটিজেন'ৰ ধাৰণাও প্ৰৱৰ্তন কৰা হৈছিল এইখন সংশোধিত আইনখনৰ জৰিয়তে। আইনখনৰ প্ৰধান ধাৰা ১৪ ৰ লগত ১৪ (ক) ধাৰা সন্নিৱেশ কৰা হৈছে। ১৪ (ক) ধাৰা মতে, কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলকভাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন প্ৰস্তুত আৰু সংৰক্ষণ কৰিব লাগিব । চৰকাৰে ইচ্ছা কৰিলে ৰাষ্ট্ৰীয় নাগৰিকত্ব পঞ্জীয়ন প্ৰচলন ৰাখিব পাৰিব আৰু এই উদ্দেশ্যে ৰাষ্ট্ৰীয় নিৱন্ধন (পঞ্জীয়ন)কর্তৃপক্ষ প্রতিষ্ঠা কৰিব পাৰিব। আইনখনত পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিপীড়নৰ সন্মুখীন হোৱা মুছলিমসকলৰ প্ৰতিও সহানুভূতিৰ দৃষ্টিত আচৰণ কৰাৰ কথা মনমোহন সিং আৰু এল, কে, আদৱানিয়ে আলোচনা কৰিছিল ৷

২০০৩ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি ১৯৪৮ চনৰ ১৯ জুলাইৰ পাছত(অসমৰ ক্ষেত্ৰত ১৯৭১ চনৰ ২৫ মাৰ্চ । কাৰণ ১৯৮৫ চনত অসম ছাত্ৰসংস্থা, অসম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এখন ত্রিপাক্ষিক চুক্তি সম্পাদন হৈছে।) যিসকল মানুহ পাচপোর্ট ভিছা অবিহনে ভাৰতলৈ আহিছে, তেওঁলোকে নাগৰিকত্বৰ কাৰণে আবদন কৰিব নোৱাৰিব । এই আইনত আৰু কোৱা হৈছে, যে প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ এখন তালিকা তৈয়াৰ কৰি উচ্চ ক্ষমতা সম্পন্ন এখনকৈ কাৰ্ড প্রদান কৰা হ'ব। যাক কোৱা হ'ব এন,আৰ, চি কার্ড। পাচপোর্ট ভিছা নোহোৱাকৈ যিসকলে ভাৰতলৈ আহিছে, তেওঁলোকে এন,আৰ, চি কাৰ্ড নাপাব। এই এন,আৰ,চিৰ কাম একমাত্ৰ অসমত ইতিমধ্যে সম্পন্ন হৈছে।

নাগৰিকত্ব (সংশোধনী) আইন-২০১৯-২০০৩ চনৰ নাগৰিকত্ব (সংশোধনী) আইন পাচ হোৱাৰ পাছত উড়িষ্যাৰ নবীন পট্টনায়ক চৰকাৰে ২০০৫ চনৰ জানুৱাৰী মাহত এই আইনৰ সহায়ত মহাকালপাদা ব্লকৰ ১,৫৫১জন অবৈধ অভিবাসীক বাংলাদেশী বুলি অভিহিত কৰি দেশৰ পৰা নিৰ্বাসিত কৰাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছিল। লোককেইজনৰ আটায়ে হিন্দু সম্প্ৰদায়ৰ আছিল আৰু তেওঁলোকৰ মাজত নাৰী আৰু শিশুও আছিল। সেই অঞ্চলত অবৈধ অভিবাসীসকলৰ গৰিষ্ঠ সংখ্যক মুছলমান আছিল যদিও বিজু জনতা দল চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে প্ৰস্তুত নাছিল ৷ নমঃশূদ্র মতুয়া সম্প্ৰদায়ৰ টার্গেটকৃত ব্যক্তিসকলে পৰৱৰ্তী সময়ত ১৫ বছৰ ব্যাপী এই কর্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাক্ত কৰি আহিছিল। যাৰ মাজত আছিল দিল্লী, কলিকতাৰ অনশন। পৰৱৰ্তীত নিঃচত নাগৰিকত্বৰ দাবীত চুপ্রিম কোর্টত আবেদন জনাইছিল। ২০১২ চনত চিপিআই(এম) নেতা প্রকাশ কাৰাত ২০০৩ চনৰ সংশোধিত আইনত কিছু সংশোধনৰ কাৰণে সংশোধনী প্ৰস্তাৱ অনাৰ কাৰণে আবেদন জনাইছিল। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈও দেশভাগৰ কাৰণে ধৰ্মীয় নিপীড়নৰ বলি হৈ পলাই অহা লোকসকলক বিদেশী হিচাপে গণ্য কৰা উচিত নহয় বুলি এখন স্মাৰকলিপি প্রদান কৰিছিল । ২০১৫ চনৰ চেপ্তেম্বৰ মাহত নৰেন্দ্ৰ মোদী চৰকাৰ বাংলাদেশ আৰু পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘু শৰণাৰ্থীৰ যিসকলে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক অবৈধ অভিবাসী শ্ৰেণীৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছিল আৰু তেওঁলোকক দীর্ঘমেয়াদী ভিছাৰ কাৰণে যোগ্য কৰি তুলিছিল ৷ ভাৰতীয় জনতা দল নেতৃত্বাধীন চৰকাৰে বিগত নিৰ্বাচনৰ সময়ত তেওঁলোকৰ নির্বাচনী ঘোষণা পত্ৰত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নিপীড়িত অভিবাসী হিন্দু, জৈন, শিখ, পাৰ্চী, খ্রীষ্টান, বৌদ্ধসকলক নাগৰিকত্ব প্ৰদানৰ কথা ঘোষণা কৰিছিল ৷

সীমান্ত ৰাজ্য অসমৰ কাৰণে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি নেতাসকলে ভোটাৰসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, তেওঁলোকে অসমখন বাংলাদেশী মুক্ত কৰিব। তেওঁলোকে ইয়াকো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, বাংলাদেশৰ পৰা ধৰ্মীয় নিপীড়নৰ বলি হৈ পলাই অহা হিন্দু শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব পাৰে যদি তেওঁলোক অমুছলিম হয়। একমাত্ৰ মুছলিম অভিবাসীসকলকহে বহিষ্কাৰ কৰা হ'ব। ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা দলে নির্যাতিত হিন্দু শৰণাৰ্থীসকলক প্ৰাকৃতিককৰণৰ মাধ্যমত নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। অসমৰ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগৰ বছৰ বিজেপি চৰকাৰে পাকিস্তান আৰু বাংলাদেশৰ নিপীড়িত হিন্দু শৰণাৰ্থীৰ কাৰণে দীৰ্ঘকালীন ভিছা বৈধ কৰিছিল। সংখ্যালঘু সম্প্রদায়ভূক্ত পাকিস্তানী আৰু বাংলাদেশী শৰণাৰ্থীসকলৰ কাৰণে পাচপোর্ট আইন- ১৯২০ আৰু ১৯৪৬ চনৰ নাগৰিকত্ব আইনৰ পৰা অব্যাহিত দিয়া হৈছিল। ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, শিখ, খ্ৰীষ্টান, পাৰ্চী আৰু বৌদ্ধ লোকসকলৰ কথাহে ইয়াত বিশেষভাবে উল্লেখ কৰা হৈছিল আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা সকলো হিন্দু শৰণাৰ্থীক আবেদনৰ মাধ্যমত নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছিল ৷

বিজেপি চৰকাৰ নাগৰিকত্ব আইন সংশোধন কৰাৰ কাৰণে ২০১৬ চনৰ ১৯ জুলাই তাৰিখে এখন বিল উত্থাপন কৰিছিল। বিলখনৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অমুছলিম অভিবাসীসকলক ভাৰতীয় নাগৰিকত্বৰ কাৰণে যোগ্য কৰি তোলা হৈছিল। বিলখন ২০১৬ চনৰ ১২ আগষ্টত যৌথ সংসদীয় কমিটিৰ ওচৰত হস্তান্তৰ কৰা হৈছিল। ২০১৯ চনৰ ৭ জানুৱাৰীত যৌথ সংসদীয় কমিটিয়ে বিলখন সন্দৰ্ভত সংসদত প্রতিবেদন দাখিল কৰিছিল। বিলখন ২০১৯ চনৰ ৮ জানুৱাৰীত সংসদত গৃহীত হৈছিল। বিলখন ৰাজ্যসভাত পাচ আৰু বিবেচনাৰ কাৰণে মুলতুবি ৰখা হৈছিল। উত্তৰ-পূৰ্ব ভাৰতত ব্যাপক ৰাজনৈতিক বিৰোধিতা আৰু বিক্ষোভৰ ফলত ১৬তম লোকসভা বিলুপ্তিৰ পাছত বিলখন বাতিল হৈ গৈছিল ।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে নির্বাচনী প্ৰচাৰৰ সময়ত নাগৰিকত্ব আইন সংশোধন কৰাৰ কথা পুনৰ ব্যক্ত কৰিছিল আৰু নিৰ্বাচনত বিজয়ী হৈ ১৭তম লোকসভা গঠন কৰাৰ পাছত চৰকাৰে এখন খচৰা প্ৰস্তুত কৰিছিল। কেন্দ্রীয় মন্ত্রীসভাই নাগৰিকত্ব (সংশোধনী) বিল-২০১৯, ২০১৯ চনৰ ৪ ডিচেম্বৰত সংসদত উত্থাপনৰ কাৰণে অনুমোদন কৰিছিল। কেন্দ্ৰীয় স্বৰাষ্ট্রমন্ত্রী অমিত শাহে ২০১৯ চনৰ ৯ ডিচেম্বৰত বিলখন সংসদত উত্থাপন কৰিছিল আৰু ১০ ডিচেম্বৰত বিলখন সংসদত পাচ হৈছিল। বিলখনৰ স্বপক্ষে ৩১১ আৰু বিপক্ষে ৮০ জনে ভোট প্রদান কৰিছিল। বিলখন ২০১৯ চনৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত পাচ হৈছিল। ৰাজ্যসভাত বিলখনৰ স্বপক্ষে ১২৫ আৰু বিপক্ষে ১০৫ জনে ভোট প্রদান কৰিছিল। জনতা দল (ইউনাইটেড), এআইএডিএমকে, বিজু জনতা দল, টিডিপি আৰু কংগ্ৰেছ দলে বিলৰ বিপক্ষে ভোট প্রদান কৰিছিল। ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ পাছত বিলখনে আইনৰ মৰ্যদা লাভ কৰিছিল। ২০২০ চনৰ ১০ জানুৱাৰী নাগৰিকত্ব(সংশোধনী) আইন-২০১৯ (চিএএ) বাস্তৱায়ন আৰম্ভ হৈছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই পাকিস্তানৰ পৰা অহা ৭ জন অভিবাসীক নাগৰিকত্ব প্ৰদান কৰিছিল। ইন্টেলিজেন্স ব্যুৰোৰ প্রতিবেদন অনুসৰি সংশোধিত আইনৰ তাৎক্ষণিক সুবিধা ভোগ কৰিব ৩১,৩১৩ গৰাকী অভিবাসীয়ে । ইয়াৰে ২৫,৪৪৭ জন হিন্দু, ৫৮০৭ জন শিখ, ৫৫ জন খ্রীষ্টান, ২ জন বৌদ্ধ আৰু ২ জন পাৰ্চী বুলি তথ্য প্ৰকাশ কৰা হৈছে।

 

বিলখনে তিনিখন দেশৰ ৬ টি ধৰ্মৰ মানুহ ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰি ১১ বছৰ ভাৰতত বসবাস কৰিলে তেওঁ নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিছিল। আইনখনৰ জৰিয়তে বসবাসৰ সময় সীমা ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে। অর্থাৎ আইনখন প্রণয়ন হোৱাৰ আগতে ১১ বছৰ ভাৰতত বাস কৰিলে তেওঁ আবদেনৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হৈছিল, বৰ্তমান ১১ বছৰৰ ঠাইত ৬ বছৰ ভাৰতত বসবাস কৰিলেই তেওঁ আবেদনৰ কাৰণে যোগ্য বুলি বিবেচিত হ'ব। অৱশ্যে ইয়াত চৰ্ত আৰোপ কৰা হৈছে যে, তেওঁ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিব লাগিব। ইনাৰ লাইন পার্মিটৰ মাধ্যমত নিয়ন্ত্রিত জনজাতি অধ্যুষিত অঞ্চলসমূহ যেনে, অসম, মেঘালয় আৰু ত্ৰিপুৰাক এই আইনৰ পৰা অব্যহতি দিয়া হৈছে। ইনাৰ লাইন পার্মিটৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডকো এই আইনৰ পৰা অব্যহতি দিছে। ২০১৯ চনৰ ৯ ডিচেম্বৰত মণিপুৰকো ইনাৰ লাইন পার্মিটৰ অন্তৰ্গত বুলি ঘোষণা কৰিছে। এই আইন অনুসাৰে যদি কোনো দ্বৈত নাগৰিকে ভাৰতীয় কোনো আইন লঙ্ঘন কৰে, তেনেহ'লে বিলখনৰ জৰিয়তে দ্বৈত নাগৰিকৰ ধাৰণাটো বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অপৰাধ সৰুই হউক বা ডাঙৰেই হউক । অৱশ্যে দ্বৈত নাগৰিকত্ব বাতিল ঘোষণা কৰাৰ আগত শুনানি গ্ৰহণ কৰা হ'ব। স্মৰণযোগ্য যে, একমাত্র মুছলিম দেশৰ পৰা ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকসকলেহে নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব ।

অসম আৰু উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহে বিলৰ বিৰোধিতা কৰি কৈছিল যে, বাংলাদেশৰ পৰা অহা ধৰ্ম নির্বিশেষে যিকোনো অভিবাসন আদিবাসীসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষতি সাধন কৰিব । নীৰজা জয়ালেৰ মতে, বিজেপিয়ে যেতিয়া ২০১০ চনৰ নিৰ্বাচনী প্ৰচাৰত বাংলাদেশৰ পৰা অহা সকলো হিন্দু অভিবাসীক নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু বিলৰ খচৰা তৈয়াৰ কৰিছিল তেতিয়া অসমৰ মিত্ৰ ৰাজনৈতিক দলসহ সকলোকে ক্ষুব্ধ কৰি তুলিছিল, কাৰণ তেওঁলোকে বিলখনক অসম চুক্তি লঙ্ঘন বুলি গণ্য কৰিছিল ৷ কাৰণ অসম চুক্তি অনুসাৰে ধৰ্মীয় পৰিচয় নিৰ্বিশেষে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত ৰাজ্যত প্ৰৱেশ কৰা সকলো অবৈধ অভিবাসীক চিহ্নিত কৰি বিতাড়ন কৰাৰ কথা কোৱা হৈছিল। ২০১৮ চনত এই খচৰাৰ ওপৰত আলোচনা হৈছিল আৰু অসংখ্য অসমীয়া সংগঠন ইয়াৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল । তেওঁলোকে আশংকা কৰিছিল যে, এই সংশোধনীয়ে অভিবাসনক উৎসাহিত কৰিব আৰু ৰাজ্যত স্থানীয় বাসিন্দাসকলৰ কৰ্মসংস্থান হ্ৰাস কৰিব ৷

বিজেপি চৰকাৰে ইতিমধ্যে অসমত নাগৰিকসকলৰ জাতীয় পঞ্জীয়ন (এনআৰচি) উন্নীতকৰণ (আপডেট) প্রক্রিয়া সম্পন্ন কৰিছে। এনআৰচিখন ২০০৩ চনৰ সংশোধিত আইনৰ বিধি অনুসাৰে চুপ্রিম কোর্টৰ তত্ত্বাৱধানত সম্পন্ন কৰা হৈছে। কাৰণ এয়া অসম চুক্তিৰ চৰ্ত অনুসৰি বাধ্যতামূলক আছিল। এই আপডেট পঞ্জীয়ন ২০১৯ চনৰ ৩১ আগষ্টত অসম চৰকাৰৰ ৫২,০০ বিষয়া-কৰ্মচাৰীৰ পাঁচ বছৰৰ নিৰলস প্ৰচেষ্টাৰ পাছত সাৰ্বজনীন কৰা হৈছে। ৬৮,৩৭,৬৬০ খন প্ৰ-পত্ৰৰ জৰিয়তে আবেদন কৰা ৩,৩০,২৭,৬৬১ কোটী আবেদনকাৰীৰ মাজত ৩,১১,২১,০০৪ জনৰ নাম চূড়ান্ত (ফাইনাল) ) এনআৰচিত অন্তৰ্ভূক্ত হৈছে আৰু ১৯ লাখ ০৬ হাজাৰ, ৬৫৭ জন মানুহৰ নাম এন,আৰ,চিৰ পৰা বাদ পৰিছে। এনআৰচি প্রস্তুত কৰোঁতে ১২২০ কোটী টকা ব্যয় হৈছে। শুনানি (হিয়াৰিং)ৰ নামত ব্যয় হৈছে ৭,৮০০ কোটী টকা। তেতিয়া অসমত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল। মানুহৰ কাজ- কাম বন্ধ হৈ গৈছিল। পৰিয়ালৰ এজন মানুহৰ নামত শুনানিৰ জাননী আহিলে পৰিয়ালৰ প্ৰতিজন সদস্য উপস্থিত থাকিব লগা হৈছিল। তদুপৰি কোনোবাৰ ককায়েকৰ নাম এন-আৰ-চিত উঠিছে, ভায়েকৰ নাম উঠা নাই- নামৰ উপাধি, নামৰ বানান তথা বয়সৰ ভুল ইত্যাদিৰ কাৰণে ৷ নাগৰিক পঞ্জীৰ পৰা নাম বাদ পৰা সকলৰ অধিক সংখ্যকে আছিল বঙালী হিন্দু। এন,আৰ,চিত নাম বাদ পৰা সকলে ১২০ দিনৰ ভিতৰত নাগৰিকত্বৰ কাৰণে ১০০ খন প্রচলিত ট্ৰিবুনাল কোর্ট আৰু আন ২০০ খন নতুন স্থাপিত কোৰ্টৰ মাধ্যমত পুনৰ আবেদন কৰিব পাৰিব বুলি চৰকাৰীভাবে ঘোষণা কৰা হৈছিল ৷ আবেদনকাৰীসকলৰ কাৰণে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ সুবিধা প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰা হৈছিল। কিন্তু দুই বছৰ উকলি যোৱাৰ পাছতো কোনো ধৰণৰ আবেদনৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। হিন্দুসকলৰ নাম বাদ পৰাৰ কাৰণে বিজেপি চৰকাৰে অসমত এনআৰচিৰ প্ৰতি সমর্থন প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। প্ৰকৃতাৰ্থত চৰকাৰে ভবা ধৰণে এনআৰচিৰ পৰা নাম বাদ পৰা নাই বুলিহে সমর্থন প্রত্যাহাৰ কৰা বুলি বহুতে অনুমান কৰে। শুনানিৰ নামত জনসাধাৰণক কৰা হাৰাশাস্তিয়ে এই অনুমান সত্য বুলি প্ৰমাণ কৰে। কাৰণ শুনানিৰ কেন্দ্ৰ বহুতৰে ঘৰৰ পৰা ২০০/৩০০ কিলোমিটাৰ নিলগত নিৰ্ধাৰণ কৰা হৈছিল। কোনো কোনো ক্ষেত্ৰত ইয়াতকৈও বেছি নিলগত নিৰ্ধাৰণ কৰা হৈছিল। শুনানিলৈ যাওঁতে দুৰ্ঘটনাৰ দৰে ঘটনাও সংঘটিত হৈছিল। শুনানিলৈ যাওঁতে সন্তান প্ৰসৱৰ দৰে ঘটনাও ঘটিছে। এনআৰচি প্ৰক্ৰিয়া চলি থকাৰ সময়ত ৬০ জন লোকৰ প্ৰাণ হানি হৈছে। কিছু সংখ্যকে এনআৰচি চাৰ্ভিচ চেণ্টাৰলৈ যোৱাৰ সময়ত দুৰ্ঘটনাগ্ৰত হৈ, কিছুমানে ৰাষ্ট্ৰহীন হোৱাৰ ভয়ত হৃদক্রিয়া বন্ধ হৈ মৃত্যুবৰণ কৰিছে। ২০১০ চনত পাইলট প্রজেক্টৰ কাম চলি থকাৰ সময়ত পুলিচৰ গুলীত ৪ লোকৰ মৃত্যু হৈছে।

২০০৩ চনত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মনমোহন সিংয়ে কৰা এটি মন্তব্য প্ৰচাৰিত হৈছিল যে, দেশ ভাগৰ পাছত বাংলাদেশৰ দৰে দেশত সংখ্যালঘুসকল নিপীড়নৰ সন্মুখীন হৈছে। এয়া আমাৰ নৈতিক দায়িত্ব যে, যদি এই হতভাগ্য লোকসকল আমাৰ দেশত আশ্ৰয় ল'বলৈ বাধ্য হয়, তেনেহ'লে এই হতভাগ্য লোকসকলক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী উদাৰ হোৱা উচিত । ৰাজ্যসভাৰ ডেপুটি চেয়াৰমেন নাজমা হেপতুল্ল্যাই ইয়াৰ লগত যোগ কৰিছিল যে, পাকিস্তানতো সংখ্যালঘুসকল নিপীড়নৰ সন্মুখীন হৈছে, গতিকে তেওঁলোককো নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগে । ২০১৬ চনত স্বৰাষ্ট্রমন্ত্ৰী ৰাজনাথ সিংয়ে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, শিখ, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধসকলৰ যিসকল নাগৰিকত্বৰ ক্ষেত্ৰত অবৈধ অভিবাসী, তেওঁলোকৰ নাগৰিকত্বৰ ক্ষেত্ৰত আইন শিথিল কৰাৰ কাৰণে সংসদত এখন বিল উত্থাপন কৰিছিল। যথেষ্ট বিতৰ্কৰ পাছত বিলখনৰ এখন সংশোধিত সংস্কৰণ নাগৰিকত্ব আইন-২০১৯ পাচ কৰা হৈছে।

তদানীন্তন স্বৰাষ্ট্রমন্ত্রী এলে, কে আদৱানিয়েও এই দৃষ্টিভংগীক সমর্থন কৰিছিল আৰু এজন উদ্বাস্তু আৰু এজন অবৈধ অভিবাসীৰ মাজত পাৰ্থক্য আনিছিল। তেওঁ কৈছিল যে, ধর্মীয় নিপীড়নৰ বলি হৈ যিসকল পলাই আহিছে, তেওঁলোক প্ৰকৃত উদ্বাস্তু আৰু তেওঁলোকক অবৈধ অভিবাসীৰ লগত তুলনা কৰিব পৰা নাযায়। যদি কোনোবাই অন্য কোনো কাৰণ যেনে, অর্থনৈতিক কাৰণত ভাৰতত প্ৰৱেশ কৰিছে তেওঁ অবৈধ অভিবাসী। এই সন্দৰ্ভত ২০১৯ চনৰ ১১ ডিচেম্বৰত ভাৰতীয় সংসদ কর্তৃক ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ পাচ কৰা হৈছে । সংশোধনী আইন অনুসাৰে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকল ধৰ্মীয় নিপীড়নৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত ভাৰতত প্ৰৱেশ কৰিলে তেওঁলোকক চর্ত সাপেক্ষে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ২০১৯ চনৰ সংশোধিত আইনত মুছলমানসকলক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হোৱা নাই। যদি কোনো মুছলমান অবৈধভাবে ভৰতত প্ৰবেশ কৰি বসবাস কৰি আছে, তেওঁলোকক ভাৰতৰ পৰা বিতাড়ন কৰা হ'ব। ইণ্টেলিজেঞ্চ ব্যুৰোৰ তথ্য অনুসৰি এই আইনৰ জৰিয়তে তাৎক্ষকিভাবে ৩০,০০০ লোকে সুবিধা ভোগ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে।

আইনখনত প্ৰথমবাৰৰ কাৰণে ভাৰতীয় আইনৰ অধীনত ধৰ্মক নাগৰিকত্বৰ মাফকাঠি হিচাপে প্রকাশ্যে ব্যৱহাৰ কৰা হৈছে। ফলত আইনখন বিশ্বব্যাপী সমালোচিত হৈছে, বিশেষকৈ মুছলমানসকলক বাদ দিয়াৰ কাৰণে ৷ জাতিসংঘৰ মানৱাধিকাৰ হাই কমিশনে ইয়াকমৌলিকভাবে বৈষম্যমূলক' বুলি অভিহিত কৰিছে। অৱশ্যে নিপীড়িত গোষ্ঠীসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কাৰণে স্বাগতও জনাইছে সংশোধিত আইনখনক। আইনখন বৈষম্যহীন শক্তিশালী জাতীয় আশ্ৰয় ব্যৱস্থাৰ মাধ্যমতসম্পন্ন কৰা উচিত বুলিও মন্তব্য কৰিছে। সমালোচকসকলে উদ্বেগ প্রকাশ কৰিছে যে, বিলটো জাতীয় নাগৰিক পঞ্জীয়ন(এৰ,আৰ,চি) প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। মুছলমানসকলে প্রয়োজনীয় জন্ম বা অন্যান্য পৰিচয়পত্র সঠিকভাবে প্রদানত ব্যৰ্থ হ'লে ৰাষ্ট্ৰহীন নাগৰিকত পৰিণত হ'ব পাৰে ৷ স্মৰণযোগ্য যে, আইনখনত মাথোন মুছলিম প্রধান দেশৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, শিখ, খ্ৰীষ্টান, পাৰ্চী আৰু বৌদ্ধসকলৰ কথাহে কোৱা হৈছে। অমুছলিম দেশৰ পৰা অহা শৰণাৰ্থী সকলৰ কথা আইনখনত উল্লেখ নাই। মিয়ানমাৰৰ পৰা অহা ৰোহিঙ্গীয়া মুছলিম শৰণাৰ্থী, শ্ৰীলংঙ্কাৰ পৰা ১৯৮০ আৰু ১৯৯০-ৰ দহকত শ্রীলঙ্কাৰ পৰা অহা সিংহলীসকলৰ সহিংসতাৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা ২৯,৫০০ হিন্দু শৰণাৰ্থী, ১৯৫০ আৰু ১৯৬০-ৰ দহকত তিব্বতত চীনা আগ্রাসনৰ ফলত ভাৰতত আশ্রয় গ্রহণ কৰা বৌদ্ধ শৰণাৰ্থীক এই আইনৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। ফলত সমালোচকসকলে তিব্বত, শ্রীলংকা, মিয়ানমাৰৰ দৰে অঞ্চলৰ সংখ্যলঘুসকলক বৰ্জনৰ কাৰণেও প্ৰশ্ন উত্থাপন কৰিছে। কিছু মুছলিম গোষ্ঠী যেনে, হাজৰাচ (আফগানিস্তানৰ ডাৰি আৰু পাৰ্চীয়ান দোৱান ব্যৱহাৰ কৰা সম্প্রদায়)আৰু আহমদী সকল ঐতিহাসিকভাবে আফগানিস্তান, বাংলাদেশ, পাকিস্তান, ইৰান প্রভৃতি দেশত নিপীড়নৰ সন্মুখীন হৈছে ৷

আইনখন পাচ হোৱাৰ ফলত বিভিন্ন দেশত সমালোচিত হোৱাৰ লগতে ভাৰত তথা প্ৰৱাসী ভাৰতীয়সকলৰ দ্বাৰা ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত শৰণাৰ্থী আৰু অভিবাসীসকলক নাগৰিকত্ব প্ৰদানৰ ফলত তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, সংস্কৃতি, ভূমিৰ অধিকাৰ খৰ্ব হোৱাৰ লগতে অভিবাসনত অনুপ্ৰাণিত কৰা হ'ব বুলি বিক্ষোভকাৰীসকলে আশংকা ব্যক্ত কৰিছে । ফলত সহিংস বিক্ষোভ প্ৰদৰ্শন কৰা হৈছেএই বিক্ষোভৰ সময়ত ছাম ষ্ট্যাফোর্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক,আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পানগিং নামৰ পাঁচজন যুৱক নিহত হৈছিল । বিক্ষোভৰ ফলত জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজু আবেৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া ইণ্ডো-জাপান বৈঠক বাতিল কৰিব লগা হৈছিল। ইউনাটেড ষ্টেট, যুক্তৰাষ্ট্ৰ, ফ্রান্স, ইজৰাইল আৰু কানাডাৰ নাগৰিকক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ নকৰাৰ কাৰণে সতৰ্ক কৰি দিয়া হৈছিল। ভাৰতৰ অন্যান্য অংশত বিক্ষোভকাৰীসকলে কৈছে, বিলখন মুছলমানৰ কাৰণে বৈষম্যমূলক আৰু মুছলিম উদ্বাস্তু আৰু অভিভাসীসকলকো ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ দাবীত ভাৰতৰ মেট্রোপলিটান চহৰ কলিকতা, দিল্লী, মুম্বাই, বাঙ্গালোৰ,হায়দৰাবাদ আৰু জয়পুৰত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল। ভাৰতৰ অন্যান্য ৰাজ্য পশ্চিম বংগ, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু,গুজৰাট, তেলেঙ্গানা, বিহাৰ, মহাৰাষ্ট্ৰ, কেৰেলাত সমদল উলিওৱা হৈছিল। ২৭ জন বিক্ষোভকাৰী পুলিচৰ গুলীত নিহত হৈছে। ভাৰতৰ কে'বাটাও বিশ্ববিদ্যালয়তো এই আইনৰ বিৰুদ্ধে ব্যাপক বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। আলীগড় মুছলিম বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়, নদওৱা কলেজ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, আইআইটি কানপুৰ, আইআইটি মাদ্রাজ,যাদৱপুৰ বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অফ ছছিয়াল চায়েন্স, আইআইএছচি বাঙ্গালোৰ, পণ্ডিচেৰী বিশ্ববিদ্যালয়, আইআইএম আহমেদাবাদ আৰু ২৫ খনতকৈও অধিক ছাত্ৰ সংগঠন বিক্ষোভত অংশগ্রহণ কৰিছিল । ১৫ ডিচেম্বৰত জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰাৰ সময়ত পুলিচে বলপূর্বক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি ছাত্ৰসকলৰ ওপৰত লাঠিচার্জ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছিল৷ ফলত বহু সংখ্যক ছাত্র আহত হোৱাৰ লগতে সমসংখ্যক ছাত্রক আটক কৰিছিল। পুলিচৰ এই কাৰ্যক নিন্দা কৰি সমগ্ৰ দেশত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। ১৬ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট বার্তাযোগে সকলো বিক্ষোভকাৰীক শান্ত থকাৰ কাৰণে আহবান জনাই কৈছিল যে, এই আইন লৈ কোনো ভাৰতীয় উদ্বিগ্ন হোৱাৰ কাৰণ নাই । এই আইনখন মাথোন তেওঁলোকৰ কাৰণে যিসকলে বছৰৰ পাছত বছৰব্যাপী নিপীড়নৰ সন্মুখীন হৈছে আৰু ভাৰতৰ বাহিৰে তেওঁলোকৰ বেলেগ কোনো দেশলৈ যোৱাৰ ঠাই নাই। বিক্ষোভৰ সময়ত সংঘটিত সহিংসতা আৰু জনসাধাৰণৰ সা-সম্পত্তি ক্ষতি হোৱাৰ সম্ভাৱনা বিবেচনা কৰি ১৯ ডিচেম্বৰত পুলিচে ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক, বাঙ্গালোৰসহ ভাৰতৰ ভালেসংখ্যক চহৰত ১৪৪ ধাৰা আৰোপ কৰি বিক্ষোভ নিষিদ্ধ কৰাৰ লগতে একেলগে ৪ জন মানুহ সমৱেত হোৱাত বাধাৰোপ কৰা হৈছিল । বিক্ষোভৰ ফলত ভালেসংখ্যক বিক্ষোভকাৰীৰ মৃত্যু হৈছে, বিক্ষোভকাৰী আৰু আৰক্ষী আহত হৈছে, চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন হৈছে, শ শ মানুহক আটক কৰা হৈছে আৰু নিৰ্দিষ্ট এলেকাত ইণ্টাৰনেট সেৱা ব্যাহত কৰা হৈছিল। সীতাৰাম ইয়েচুৰি, ৰামচন্দ্ৰ গুহ, যোগেন্দ্ৰ যাদৱ, ওমৰ খালিদ, সন্দীপ দীক্ষিত, তেহচিন পুনাওয়াল্লা আৰু ডি, ৰাজাৰ দৰে নেতা-কর্মীসহ ভালেসংখ্যক বিক্ষোভকাৰীক আটক কৰা হৈছিল ৷

আনহাতে সোঁপন্থী ছাত্র সংগঠন যেনে, হিন্দু জাতীয়তাবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ছাত্র শাখা নিখিল ভাৰত বিদ্যাৰ্থী পৰিষদে সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত সমদল উলিয়াইছিল । পশ্চিম বংগত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ দলৰ সাংসদসকলে মানুহক সংশোধিত আইন সম্পর্কে ভুল তথ্য দিয়া বুলি বিজেপি দলৰ নেতৃবৰ্গই অভিযোগ উত্থাপন কৰিছিল। ৰাজস্থানত বিজেপি-এ আইনৰ সমৰ্থনত সংগঠিত কৰা এক সমাৱেশত ১৫,০০০ লোকে অংশগ্ৰহণ কৰিছিল । ২০২০ চনৰ ১৯ ডিচেম্বৰত এই আইনৰ সমৰ্থনত নতুন দিল্লীৰ চেন্ট্রাল পার্ক, কন্নাট প্লেচত বিক্ষোভ সমাৱেশ কৰিছিল ৷ ২২ ডিচেম্বৰত পুণেত এই আইনৰ সমৰ্থনত শ শ মানুহে মানৱ শৃংখল নিৰ্মাণ কৰিছিল। কেৰালাত অখিল ভাৰত বিদ্যাৰ্থী পৰিষদে চিএএ আৰু এনআৰচিৰ সমৰ্থনত সমাৱেশ কৰিছিল । বাঙ্গালোৰত সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থনত শ শ লোক ৰাস্তালৈ ওলাই আহিছিল । পক্ষান্তৰে অসমত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যবাহী সদস্য মুন তালুকদাৰে চিএএ বিৰোধী বিক্ষোভত অংশগ্রহণ কৰিছিল আৰু তেওঁ ঘোষণা কৰিছিল যে, চৰকাৰৰ এই আইনৰ বিৰোধিতা কৰি ইতিমধ্যে প্রায় ৮০০ সদস্যই পদত্যাগ কৰিছে ।

এই আইনৰ বিৰুদ্ধে সমগ্ৰ ভাৰতৰ পৰা মহিলাসকল আহি দিল্লীৰ শাহিনবাগত সমৱেত হৈ ২০১৯ চনৰ ১৫ ডিচেম্বৰৰ পৰা শান্তিপূর্ণভাবে অৱস্থান ধৰ্মঘটত বহিছিল। এই অৱস্থানৰ ফলত নতুন দিল্লীৰ প্রধান হাইওৱে বন্ধ হৈ গৈছিল। এই অৱস্থান ধৰ্মঘট ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীলৈকে চলিছিল। ২৪ ফেব্ৰুৱাৰীত উত্তৰ-পূৱ দিল্লীত সংঘটিত হিংস্র বিক্ষোভৰ ফলত ৭ জন বিক্ষোভকাৰীৰ মৃত্যু আৰু আন ১০০ জন আহত হৈছিল আৰু ৩৬ ঘণ্টাৰ ভিতৰত মৃত্যুৰ সংখ্যা ৪২ জনলৈ আৰু আহতৰ সংখ্যা ২৫০ জনলৈ বৃদ্ধি হৈছিল।।

কংগ্ৰেছে প্ৰথমৰ পৰাই এই আইনৰ বিৰোধিতা কৰি আহিছে। মধ্যপ্রদেশ, ছত্তিছগড়, পশ্চিম বংগ, পাঞ্জাৱ, কেৰেলা, ৰাজস্থান আৰু কেন্দ্ৰীয় শাসিত পণ্ডিচেৰীৰ অ-বিজেপি চৰকাৰসমূহে আইনখন বাস্তৱায়ন কৰা নহ'ব বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ দপ্তৰৰ মতে, ৰাজ্যসমূহৰ চিএএ বন্ধ কৰাৰ আইনী ক্ষমতা নাই। গৃহ দপ্তৰে কৈছে, আইনখন সংবিধানৰ ৭তম অনুসূচীৰ কেন্দ্ৰীয় তালিকাৰ অধীনত প্ৰণয়ন কৰা হৈছে। নৰেন্দ্ৰ মোদীয়ে ৭ ডিচেম্বৰত কৈছে যে, এনআৰচি চুপ্রিম কোর্টৰ নিৰ্দেশ অনুসাৰে একমাত্ৰ অসমত প্ৰয়োগ কৰা হৈছে। সমগ্র দেশব্যাপী এনআৰচি কার্যকৰ কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই ।

বিশ্বৰ বিভিন্ন চহৰ নিউ ইয়র্ক, ওৱাচিংটন ডিচি, মেলৱৰ্ন, পেৰিছ, বাৰ্লিন, জেনেভা, বাৰ্চিলোনা, চান ফ্রান্সিছকো, টকিও, হেলছিঙ্কি আৰু আমষ্টাৰডামত বসবাসৰত ভাৰতীয়সকলেও এই আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু পুলিচে সেই বিক্ষোভকাৰীক কঠোৰ হাতেৰে দমন কৰিছে ।

সৰ্বভাৰতীয় মুছলিম লীগে এই সংশোধিত আইনক প্রত্যহবান জনাই অবৈধ ঘোষণা কৰাৰ কাৰণে চুপ্রিম কোর্টত আবেদন কৰিছিল। আইনখনক প্রত্যাহবান জনাই আবেদন কৰা ৬০ খন আবেদনৰ শুনানি চুপ্রিম কোর্ট ২০১৯ চনৰ ১৮ ডিচেম্বৰত গ্ৰহণ কৰিছিল । শুনানি গ্ৰহণ কৰি ২০১৯ চনৰ সংশোধিত আইনখনৰ বিৰুদ্ধে স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। ২০১৯ চনৰ ১৮ ডিচেম্বৰৰ পাছত আবেদন কৰা আন ১৪৩ খন আবেদনৰ শুনানি ২০২০ চনৰ ২২ জানুৱাৰীত গ্ৰহণ কৰা হৈছিল । আদালত পুনৰ স্থগিতাদেশৰ আবেদন খাৰিজ কৰিছিল। ভাৰতৰ মাননীয় প্রধান বিচাৰপতি এছ, এ বোপদেৰ সভাপতিত্বত গঠিত এখন বিচাৰপীঠে ইঙ্গিত দিছিল যে, পৰৱৰ্তী শুনানিত বিষয়টো এটি ডাঙৰ বেঞ্চলৈ পঠোৱা হ'ব পাৰে। পৰৱৰ্তী শুনানিৰ দিন ২০২০ চনৰ ২১ এপ্রিল ধাৰ্য কৰা হৈছিল

মন্তব্য-ভাৰতীয় গোয়েন্দা সংস্থা(R&AW)ই যৌথ সংসদীয় কমিটিৰ সন্মুখত উদ্বেগ প্রকাশ কৰিছিল যে, বৈধভাবে ভাৰতত অনুপ্ৰৱেশৰ কাৰণে বিদেশী গোয়েন্দা সংস্থাৰ এজেণ্টসকলৰ দ্বাৰা আইনখন ব্যৱহাৰ কৰা হ'ব পাৰে। প্ৰাক্তন জাতীয় উপদেষ্টা শিৱ শংকৰ মেননে এই ঘটনাক এটি স্বতঃপ্রণোদিত লক্ষ্য বুলি অভিহিত কৰিছে, যিয়ে ভাৰতক আন্তর্জাতিক সম্প্ৰদায়ৰ পৰা বিচ্ছিন্ন কৰিব বুলি আশংকা প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰাক্তন ছলিছিটৰ জেনেৰেলে কৈছে যে, আইনখনে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪, অনুচ্ছেদ ২৫ আৰু অনুচ্ছেদ ২১ লঙ্ঘন কৰা নাই ৷

বাংলাদেশৰ সংখ্যালঘুসকলক প্ৰতিনিধিত্বকাৰী প্ৰায় ১২ খন দেশৰ বিশিষ্ট ব্যক্তি আৰু সংস্থাৰ এটি দলে যৌথ বিবৃতি প্রকাশ কৰিছে, বিবৃতিত আইনখনক মানৱিক বিধান হিচাপে বৰ্ণনা কৰিছে, যাৰ মাধ্যমত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘুসকলৰ প্ৰতি ভাৰত নিজৰ বাধ্যবাধকতা আংশিকভাৱে পূৰণ কৰিছে। জন্মু আৰু কাশ্মীৰৰ শিখসকলৰ প্ৰতিনিধিত্বকাৰী দল নেশ্বনাল শিখ ফ্রন্টে আইনখনক সমর্থন কৰিছে, কাৰণ আইনখনে আফগানিস্তান এৰি অহা শিখ শৰণাৰ্থীসকলক সহায় কৰিব বুলি ধাৰণা কৰিছে ।

আইনখনৰ বিৰোধিতা কৰা এখন আবেদনত ১০০০ ভাৰতীয় বিজ্ঞানী আৰু পণ্ডিতসকলে স্বাক্ষৰ কৰিছিল। আবেদনত কোৱা হৈছিল যে, প্ৰস্তাৱিত বিলত নাগৰিকত্বৰ মাফকাঠি হিচাপে ধৰ্মৰ ব্যৱহাৰ সংবিধানৰ মৌলিক কাঠামোৰ লগত অসঙ্গতিপূর্ণ। একে সংখ্যক ভাৰতীয় শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে আইনখনৰ সমৰ্থনত এটি বিবৃতি প্রকাশ কৰিছিল। বিবৃতিত কোৱা হৈছিল যে, আইনখনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘুসকলৰ আশ্ৰয় প্ৰদানৰ দীৰ্ঘদিনৰ দাবী পূৰণ হ'ব।

ইতিহাসবিদ নীতি নায়াৰে মন্তব্য কৰিছে যে, নাগৰিকত্ব (সংশোধনী) আইন আৰু নাগৰিকসকলৰ জাতীয় নিৱন্ধন ভাৰতক হিন্দু ৰাষ্ট্ৰৰ ফালে প্ৰতিনিধিত্ব কৰিব। আইনখন জনগণ আৰু আদালতৰ দ্বাৰা বাতিল কৰা উচিত। হৰ্ষ মাণ্ডাৰ, জয়সিংৰ দৰে সামাজিক কৰ্মী দ্বাৰাও অনুৰূপ মন্তব্য প্ৰকাশ কৰা হৈছে। মিডিয়া হাউচ, নেশ্বনাল হেৰাল্ড, দ্য কাৰাভান আৰু জাপান টাইমচে এই আইনখনক ভাৰতত মোদিৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বিকল্প বুলি অভিহিত কৰিছে ।

হিন্দুসকলক আবেদনৰ মাধ্যমত নাগৰিকত্ব প্ৰদান কৰা হ', কথাটো শুনিবলৈ যিমান সহজ, আচলতে সিমান সহজ নহয়। ২০১৯ ৰ সংশোধিত আইনত কোৱা হৈছে, বৈধ পাচপোৰ্ট ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিব লাগিব আৰু ভাৰতত অবৈধভাবে ৬ বছৰ বসবাস কৰাৰ পাছতহে তেওঁ নাগৰিকত্বৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত তেওঁ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা বুলিও প্ৰমাণ কৰিব লাগিব। অবৈধভাবে প্ৰৱেশ কৰিলে তেওঁ নাগৰিকত্বৰ কাৰণে আবেদনৰ যোগ্য বুলি বিবেচিত নহ'ব। কাৰণ আইনখনে অবৈধভাবে ভাৰতত প্ৰৱেশ কৰা লোকসকলক ইতিমধ্যেই অবৈধ অভিবাসী বুলি ঘোষণ কৰিছে। কাৰণ অবৈধভাবে প্ৰৱেশ কৰিলে তেওঁ কিমান দিন আগত ভাৰতত প্ৰৱেশ কৰিছে তাৰ কোনো তথ্য নাথাকিব । গতিকে বহুতো অভিবাসী নাগৰিকত্বৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত, যদিহে আইনখন পুনৰ সংশোধন কৰা নহয় ।

 

             ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম-২০১৯

ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত কিছুমান প্ৰাসংগিক তথ্যৰ জৰিয়তে প্ৰকৃত ভাৰতীয় নাগৰিক চিনাক্ত কৰণৰ বাবে ২০১৯ চনত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছে। সমগ্ৰ ভাৰতত ১৯৫১ চনৰ লোকপিয়ল অনুষ্ঠিত হোৱাৰ পাছতে উক্ত চনতে পোনপ্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছিল। কিন্তু ১৯৫১ চনৰ পাছত সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হোৱা নাছিল। ফলত অসমত নানা অসুবিধাৰ সৃষ্টি হৈছিল। যাৰ ফলত ২০১৩ চনৰ পৰা আৰম্ভ কৰি ২০১৯ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পন্ন কৰা হৈছে। অসমৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতত নাগৰিক পঞ্জী প্ৰস্তুতৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল; কিন্তু দেশব্যাপী প্ৰদৰ্শিত হোৱা বিক্ষোভৰ ফলত উক্ত কাম স্থগিত ৰাখিবলগা হৈছে।

স্বাধীনতাৰ পাছত পূর্ব পাকিস্তানৰ পৰা হোৱা ব্যাপক প্ৰব্ৰজনৰ ফলত প্ৰব্ৰজনকাৰীসকলক অসমৰ পৰা বহিষ্কাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰে ১৯৫০ চনৰ ইমিগ্ৰেশ্বন আইন গৃহীত কৰিব লগা হৈছিল ৷ এই আইন কার্যকৰী কৰাৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে অসমত ১৯৫১ চনত নাগৰিকপঞ্জী প্ৰস্তুত কৰিব লগা হৈছিল। যেহেতু তেতিয়া পূর্ব পাকিস্তানৰ পৰা অসমলৈ ব্যাপক প্ৰব্ৰজনৰ সোঁত বৈছিল৷

অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া ২০১৩ চনত আৰম্ভ কৰা হৈছিল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰোহিতন ফলি নৰিমান বেঞ্চৰ ক্ৰমাগত পর্যবেক্ষণত আইএএছ বিষয়া প্রতীক হাজেলাই প্ৰক্ৰিয়াটো পৰিচালনা কৰিছিল। প্ৰতীক হাজেলাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণৰ সমন্বয়ক হিচাপে মনোনীত কৰা হৈছিল

চূড়ান্ত উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰি ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত (ফাইনাল) তালিকা প্ৰকাশ কৰা হৈছে। চুড়ান্ত তালিকাত ৩,৩০,২৭,৬৬১ কোটী আবেদনকাৰীৰ মাজত ৩,১১,২১,০০৪ জনৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ১৯ লাখ ০৬ হাজাৰ ৬৫৭ জন মানুহৰ নাম এন,আৰ,চিৰ পৰা বাদ পৰিছে ৷ চূড়ান্ত তালিকাত বিশেষভাবে বঙালী হিন্দু, বাংলাভাষী মুছলমান আৰু কিছু সংখ্যক অন্যান্য মানুহৰ নাম বাদ পৰিছে ।

২০২২ চনৰ ডিচেম্বৰত ভাৰতৰ কম্পট্রোলাৰ (তত্ত্বাৱধায়ক)আৰু অডিটৰ জেনেৰেলৰ পৰিদৰ্শনত এনআৰচি পৰিচালনা প্রক্রিয়াত ভালেসংখ্যক অনিয়ম ধৰা পৰিছে। তেওঁলোকৰ মতে ভালেসংখ্যক আদিবাসী মানুহৰ নাম তালিকাৰ পৰা বাদ পৰিছে, প্ৰক্ৰিয়াৰ সময়ত তহবিলৰ ব্যৱহাৰ আৰু কামৰ কাৰণে ব্যৱহৃত ছফ্‌টওয়েৰ নিৰ্বাচনত অনিয়ম ধৰা পৰিছে। ২০১৪ চনত প্ৰকল্প ব্যয় ২৮৮.১৮ কোটী টকা ধাৰ্য কৰা হৈছিল, কিন্তু ২০২২ চনৰ মাৰ্চ মাহলৈকে এই ব্যয় ১৬০২.৬৬ কোটী টকালৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰা হৈছে ৷

ইতিমধ্যে বাংলাদেশ চৰকাৰে ইঙ্গিত দিছে যে, প্ৰমাণ প্ৰদান কৰা হ'লে ভাৰতত বসবাসকাৰী বাংলাদেশী নাগৰিকসকলক তেওঁলোকে ওভতাই নিবলৈ প্ৰস্তুত ।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছ শাসিত ভাৰতৰ অন্যান্য প্রদেশসমূহৰ পৰা মাটিৰ সন্ধানত ব্যাপক হাৰে অসমলৈ প্ৰব্ৰজনৰ সোঁত বৈছিল। ঔপনিৱেশিক কৰ্তৃপক্ষ উৰ্বৰ ভূমিৰ সন্ধানত বংগৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা কৃষকসকলক এই প্ৰব্ৰজনত উৎসাহিত কৰিছিল ৷ তেতিয়াৰ অসমৰ স্বনামধন্য গুণাভিৰাম বৰুৱাৰ দৰে ব্যক্তিসকলেও এই প্ৰব্ৰজনত উৎসাহিত কৰিছিল । লোকপিয়ল অধ্যক্ষ চি, এছ, মোলান ১৯৩১ চনৰ লোকপিয়ল প্ৰতিবেদনত প্ৰকাশ কৰিছে, বিগত ২৫ বছৰত অসমৰ গুৰুত্বপূৰ্ণ ঘটনা হ', যি অসমৰ বৈশিষ্ট্যক স্থায়ীভাবে পৰিৱৰ্তন কৰিব পাৰে আৰু অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ সম্পূৰ্ণ কাঠামোক ধ্বংস কৰি দিব পাৰে। ভূমি ক্ষুধার্ত লোকসকলৰ অধিক সংখ্যকে পূৰ্ববংগৰ জিলাসমূহৰ পৰা অহা প্ৰব্ৰজিত মুছলমান।

স্বাধীনতাৰ আগত মুছলমানসকলৰ প্ৰব্ৰজন হৈছিল যদিও স্বাধীনতাৰ পাছত পূর্ব পাকিস্তানৰ পৰা হিন্দু বাঙালীসকলহে অসমলৈ ব্যাপক হাৰে প্ৰব্ৰজন কৰি আহিছিল ৷ কাৰণ ভাৰত আৰু পূৰ্ব পাকিস্তানৰ মাজৰ সীমানা তেতিয়া শিথিল আছিল। এই প্রব্রজিত লোকসকলক চৰকাৰে ভূমিৰ আৱণ্টন দি অসমৰ বিভিন্ন ঠাইত সংস্থাপিত কৰিছিল ৷ বৰপেটাত বিশেষকৈ মন্দিয়াৰ পশ্চিম ফালে অৱস্থিত গোবিন্দপুৰ ৰিজাৰ্ভ আৰু মুছলমানসকলৰ দখলকৃত খাচ ভূমিত তেওঁলোকক সংস্থাপিত কৰা হৈছিল। পক্ষান্তৰে এই ৰাজনৈতিক সন্ধিক্ষণত মুছলমানসকলৰ বহু পৰিয়াল ৰেওয়াজ বদলৰ'ৰ মাধ্যমত পূৰ্ব পাকিস্তানলৈ গুচি গৈছিল।

স্বাধীনতাৰ পাছত ভাৰতৰ পশ্চিম প্রান্তত অৱস্থিত পশ্চিম পাকিস্তান আৰু পূৰ্বপ্ৰান্তত অৱস্থিত পূৰ্ব পাকিস্তান নামৰ ভূ-খণ্ডলৈ পাকিস্তান নামৰ স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল যদিও ভাষিক আৰু পশ্চিম পাকিস্তানে কৰা ৰাজনৈতিক বৈষম্যৰ ফলত পূর্ব পাকিস্তানৰ লোকসকল ৰাজনৈতিক অস্থিৰতাত ভূগিছিল। যি অস্থিৰতাই পূর্ব পাকিস্তানত গৃহযুদ্ধৰ সূচনা কৰিছিল আৰু ভাৰতৰ সহায়তাত বাংলাদেশ নামৰ নতুন ৰাষ্ট্ৰ গঠন হৈছিল। তেতিয়া যুদ্ধ বিধ্বস্ত বাংলাদেশৰ পৰা বহু লোক ভাৰতত প্ৰৱেশ কৰিছিল ৷ মানৱতাৰ খাতিৰত ভাৰত চৰকাৰ সেই শৰণাৰ্থীসকলক আশ্রয় প্ৰদান কৰিছিল; কিন্তু সেই শৰণাৰ্থীসকলৰ অধিক সংখ্যকে বাংলাদেশলৈ উভতি যোৱা নাই। এই তথ্য অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা প্ৰকাশিত শ্বেতপত্ৰত এনেদৰে প্ৰকাশ পাইছিল- উপমহাদেশ ভাগ আৰু সাম্প্রাদয়িক সংঘৰ্ষৰ ফলত পূর্ব পকিস্তানৰ পৰা উদ্বাস্তুসকলৰ অসমলৈ অভিবাসন ঘটিছে। অভিবাসনৰ সংখ্যা ৰাজ্য চৰকাৰে প্ৰাথমিকভাবে ১,৫০,০০০ আৰু ২,০০,০০০ হ'ব পাৰে বুলি উল্লেখ কৰিছিল যদিও পাছত এই সংখ্যা প্রায় ৫,০০,০০০ হ'ব পাৰে বুলি অনুমান কৰা হৈছিল ৷

১৯৫১ চনৰ লোকপিয়লৰ সময়ত অসমত প্ৰথমবাৰ যেতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছিল, তেতিয়া গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত তথ্য নথিভূক্ত কৰা হৈছিল । নাগৰিকপঞ্জী প্ৰস্তুতৰ পাছত বিস্তীৰ্ণ খোলা সীমান্তৰ সুযোগ গ্ৰহণ কৰি বহুতে ভাৰত বিশেষকৈ অসমত অনুপ্ৰৱেশ কৰিছিল। ১৯৬১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত ২,২০,৬৯১ জন অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিছে বুলি তথ্য প্ৰকাশ পাইছিল।

১৯৬৫ চনত ভাৰত চৰকাৰে নাগৰিকসকলৰ পঞ্জীয়ন ত্বৰান্বিত আৰু অভিবাসীসকলক চিনাক্ত কৰি ১৯৫১ চনৰ পঞ্জীয়নৰ ভিত্তিত ভাৰতীয় নাগৰিকসকলক জাতীয় পৰিচয়পত্ৰ প্ৰদানৰ কাৰণে অসম চৰকাৰৰ লগত আলোচনা কৰিছিল। কিন্তু পৰিকল্পনাটো অবাস্তৱ বুলি ধাৰণা কৰি ১৯৬৬ চনত ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত পৰামৰ্শ কৰি পৰিচয় পত্ৰ প্ৰদানৰ প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল ৷

১৯৭১ চনৰ মাৰ্চ মাহৰ আগত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা লোকসকলক নির্বাসিত নকৰাৰ কাৰণে ১৯৭৬ চনত ভাৰত চৰকাৰে অসম চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল। এইদৰে ১৯৪৮ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত বাংলাদেশ (তৎকালীন পূর্ব পাকিস্তান)ৰ পৰা অসমত প্ৰচুৰ পৰিমাণে অভিবাসন হৈছিল ।

 

             অসম চুক্তি-

বাংলাদেশৰ পৰা অসমত ক্ৰমাগতভাবে অবৈধ অভিবাসীসকলৰ অনুপ্ৰৱেশৰ ফলত ১৯৭৯ চনত অসম ছাত্ৰসংস্থাই অবৈধ অনুপ্ৰৱেশকাৰীসকলক আটক, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰৰ দাবীত তীব্র আন্দোলন গঢ়ি তুলিছিল। ৰাজ্যৰ নিৰ্দিষ্ট কেইখনমান বিধানসভা সমষ্টিত ভোটাৰৰ উর্ধ্বগতি প্ৰত্যক্ষ কৰি (বিশেষকৈ অবিভক্ত দৰং জিলা, নিম্ন আৰু মধ্য অসমৰ অন্যান্য জিলাসমূহত) বৃহৎ পৰিমাণে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত সোমাইছে বুলি আন্দোলনকাৰীসকলে সন্দেহ কৰিছিল। এই আন্দোলনৰ নেতৃত্বত আছিল অসম ছাত্ৰসংস্থা, সদৌ অসম গণ সংগ্ৰাম পৰিষদ। ঘটনাসমূহ দ্রুত তীব্র গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছিল আৰু ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। এই প্ৰসংগত নেলীৰ গণহত্যাৰ কথা উল্লেখ কৰিব পাৰি। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত তেতিয়াৰ নগাঁও জিলাৰ নেলীত তিৱা, কোচ, বৰ্ণ অসমীয়া হিন্দু আৰু স্থানীয় মানুহে ২,০০০ জন বাংলামূলৰ মুছলমান মানুহক বৰভাবে হত্যা কৰিছিল। এয়া আছিল চৰকাৰী তথ্য। বেচৰকাৰী তথ্য অনুসৰি ৭,০০০ লোকক হত্যা কৰা হৈছিল বুলি দাবী কৰা হয় । এই আন্দোলন ৬ বছৰকাল স্থায়ী হৈছিল আৰু আন্দোলনৰ ভয়াৱহতালৈ লক্ষ্য কৰি তৎকালীন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নিৰ্দেশত ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন হৈছিল। চুক্তিৰ ফলত আন্দোলন সমাপ্ত হৈছিল ঠিকেই, কিন্তু বিদেশী সমস্যা সমাধান হোৱা নাছিল । বাংলাভাষী হিন্দু-মুছলমান সন্দেহৰ আৱৰ্তত থাকি গৈছিল আৰু থলুৱা অসমীয়াসকলে এই দুই সম্প্ৰদায়ক সন্দেহৰ চকুৰে চাই আহিছিল । ফলত ৰাজ্যত এক ধৰণৰ অবিশ্বাসৰ পৰিৱেশ বিৰাজ কৰিছিল ৷

এই অবিশ্বাসৰ বাতাৱৰণ দূৰ কৰাৰ কাৰণে অবৈধ অভিবাসীসকলক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ কাৰণে ১৯৮৩ চনত ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫ তৎকালীনভাবে সংশোধন কৰি অবৈধ অভিবাসী আইন(ট্ৰিবুউনাল দ্বাৰা নিৰ্ণয়) নামৰ এক বিতৰ্কিত পদ্ধতিৰ আশ্ৰয় লোৱা হৈছিল। এই আইনত উল্লেখ কৰা হৈছিল যে, ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পর্যন্ত অসমলৈ অহা সকলো ব্যক্তিকে বিদেশী আইন, ১৯৪৬ আৰু বিদেশী(ট্রিবুউনাল) আইন, ১৯৬৪ অনুসাৰে চিনাক্ত কৰা হ'ব আৰু চিনাক্ত কৰা বিদেশীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। এই ধৰণে চিনাক্ত কৰা ব্যক্তিবর্গই ৰেজিষ্ট্ৰশ্বন অফ ফৰেনাৰ্চ এক্ট, ১৯৩৯ আৰু ৰেজিষ্ট্ৰেশ্বন অফ ফৰেনাৰ্চ ৰুল, ১৯৩৯ অনুসাৰে সংশ্লিষ্ট জিলাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত নাম পঞ্জীয়ন কৰিব লাগিব। তেতিয়াৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমলৈ অহা বিদেশীসকলক বিদেশী ট্রিবুউনাল আইন' অনুসৰি চিনাক্তকৰণ আৰু বহিষ্কাৰৰ কাম অব্যাহত আছে। এক তথ্য অনুসৰি এতিয়ালৈকে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা ২,৫১,৯৭১ জন বাংলাদেশী চিনাক্ত কৰা হৈছে আৰু ৩০০ খন বিদেশী চিনাক্তকৰণ ন্যায়ালয়ৰ ১০০ খন কাৰ্যক্ষম ন্যায়ালয়ৰ জৰিয়তে ২৯,৯৮৪ জনক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বুলি দাবী কৰা হয় যদিও বহিষ্কাৰৰ কোনো সঠিক তথ্য পোৱা নাযায় । আচলতে এইসকল লোকক ডিটেনচন কেম্পত ৰখা হৈছে বুলি ধাৰণা কৰা হয়। ইতিমধ্যে অসমত ১.০৮ লাখ ভোটাৰৰ নামৰ আগত ডিচিহ্ন বহুৱা হৈছে। ইয়াৰে প্ৰায় অধিক সংখ্যকে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে ডিভোটাৰৰ পৰা মুক্তি পাইছে। কিছু সংখ্যকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ জৰিয়তেও মুক্তি পাইছে। অভিযোগ অনুসৰি অধিক সংখ্যক ভোটাৰৰ বয়স আৰু সাধাৰণ নামৰ ভুলৰ কাৰণে সন্দেহজনক ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল ৷ বৰ্তমান ডিভোটাৰৰ সংখ্যা ১,০১,১০৭ জনলৈ হ্ৰাস পাইছে বুলি মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে ২০১০ চনত কামৰূপ জিলাৰ ছয়গাঁও আৰু বৰপেটা জিলাৰ বৰপেটা বিধানসভা সমষ্টিত পাইলট প্রজেক্টৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু প্ৰশাসনৰ ফালৰ পৰা ১৯৬৬ চনৰ পৰ্যাপ্ত ভোটাৰ তালিকা অথবা ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যোগান নধৰাৰ প্ৰতিবাদত সদৌ অসম সংখ্যালঘু ছাত্র সংস্থা চমুকৈ আমছুই ২১ জুলাইত এক বিশাল সমদল উলিয়াই বৰপেটাৰ উপায়ুক্তৰ কাৰ্যায়লৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল । তাত আইন-শৃংখলা সমস্যাৰ উদ্ভৱ হোৱাত ছিৰাজুল হক, মোতালেব আলী, মাজম আলী আৰু মহিদুল ইছলাম মোল্লা নামৰ চাৰিজন সমদলকাৰী পুলিচৰ গুলীত নিহত হৈছিল। এই তিক্ত অভিজ্ঞতাৰ পাছত চাৰি সপ্তাহৰ ভিতৰত পাইলট প্রজেক্ট কার্যসূচী স্থগিত ৰাখিব লগা হৈছিল ৷

পাছত অসম পাবলিক ওকচ, অসম সন্মিলিত মহাসংঘ আৰু অন্যান্য দলে দায়েৰ কৰা আবেদনৰ ভিত্তিত ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আগবঢ়াই নিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছিল আৰু ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নৰিমান ফলি ৰহিতনৰ পৰ্যবেক্ষণত ১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৩ চনৰ নাগৰিকত্ব(সংশোধিত)আইন অনুসৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল। উন্নীতকৰণ প্ৰক্ৰিয়া মসৃণ কৰাৰ কাৰণে ২০১৫ চনৰ ২১ জুলাইত চুপ্রিম কোর্টে নিন্ম প্রদত্ত নিয়মাৱলী পালনৰ কাৰণে নিৰ্দেশ প্রদান কৰিছিল যে, আশা কৰোঁ, আমাৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি এনআৰচি আৰু ইয়াৰ প্ৰকাশনাৰ কাম মসৃণ কৰাৰ কাৰণে তেওঁলোকক অৰ্পণ কৰা কামসমূহ বিশ্বক্ততা আৰু নিষ্ঠা সহকাৰে সম্পাদন কৰিব । এয়া ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪৪ (চি)ত থকা মেণ্ডেটৰ পুনৰাবৃত্তি। এনআৰচি প্রণয়নৰ ক্ষেত্ৰত কোনো ব্যক্তিক কোনোভাবে বাধা বা প্রতিবন্ধকতা সৃষ্টি কৰিব পৰা নাযাব। এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ'লে আদালতে নির্দেশ প্রদান কৰিব।

এনআৰচি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কাৰণে তিনি কোটীৰ অধিক লোকে ৬.৬ কোটীৰ অধিক নথি জমা কৰিছিল। লিগেচি ডাটা প্রকাশ, আবেদন পত্ৰ বিতৰণ ও ৰচিদ প্ৰদান, পৰীক্ষণ প্ৰক্ৰিয়া, এনআৰচিৰ আংশিক খচৰা প্ৰকাশ, এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ, দাবী-আপত্তি গ্রহণ ও নিষ্পত্তি, চূড়ান্ত এনআৰচি প্রকাশ । এই আটাইকেইটা প্ৰক্ৰিয়াৰ মাজেৰে চূড়ান্ত এনআৰচিৰ কাম সম্পন্ন কৰা হৈছে।

বিভিন্ন মানক পৰিচালনা পদ্ধতি ((স্টাণ্ডার্ড অপাৰেটিং)ত সকলো বিধিগত কাম সম্পূৰ্ণ হোৱাৰ পাছত ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচি প্ৰকাশ কৰা হৈছে ৷ এনআৰচিৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৬৮,৩৭,৬৬০ খন আবেদন পত্ৰৰ জৰিয়তে মুঠ ৩,৩০,২৭,৬৬১ জন ব্যক্তিয়ে পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত আবেদন জমা কৰিছিল ৷ ইয়াৰে ৩,১১,২১,০০৪ জন ব্যক্তিৰ নাম চূড়ান্ত এনআৰচিত অন্তর্ভুক্ত হৈছে। ১৯,০৬,৬৫৭ জন ব্যক্তি চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰিছে। বাদ পৰা সকলে তিনি মাহৰ ভিতৰত আবেদনৰ জৰিয়তে বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব লাগিব বুলি প্ৰকাশ কৰা হৈছিল৷ কিন্তু তিনি বছৰ উকলি যোৱাৰ পাছতো এই বিষয়ে চৰকাৰ কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ৷

২০১৯ চনৰ ৩১ আগষ্ট পুৱা ১০ বজাত চূড়ান্ত এনআৰচি প্ৰকাশ পোৱাৰ পাছত ইয়াৰ শুদ্ধতাক লৈ বিতর্ক সৃষ্টি হৈছিল আৰু এনেকি কিছু অধিবক্তাই মুকলিকৈ এনআৰচিৰ সমালোচনা কৰি আদালত পৰা ওলাই আহিছিল ।

নামনি অসমৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ 'অল ইণ্ডিয়া সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বিধায়কৰ নাম চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ কাৰণে তেওঁ ক্ষোভ প্ৰকাশ কৰি কৈছিল, হাজাৰ হাজাৰ প্ৰকৃত নাগৰিকক বিশেষকৈ বঙালী হিন্দুসকলক চূড়ান্ত এনআৰচিৰ পৰা আঁতৰাই ৰখা হৈছে আৰু অবৈধ বিদেশীৰ নাম চূড়ান্ত এনআৰচিত অন্তৰ্ভূক্ত কৰা হৈছে।

অসম পাবলিক ৱকচে কৈছে যে, ‘ক্ৰচিপূর্ণনথি দ্বাৰা চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্ত কৰা হৈছে। কাৰণ তেওঁলোকৰ পুনৰ নিৰীক্ষণৰ আবেদন শীর্ষ আদালতে নাকচ কৰিছিল। তেওঁলোকে উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যৱহৃত ছফটওয়েৰ-এ ইমানবোৰ তথ্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছিল ।

ইণ্ডিয়া টু ডেৰ মতে তলত দিয়া তথ্য থকা ব্যক্তিসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হৈছিল- (১) ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিজৰ/দেউতাকৰ আতাকৰ নাম অন্তর্ভূক্ত থকা ব্যক্তিসকল। (২) যিসকল ব্যক্তিৰ বা পূৰ্বপুৰুষৰ নাম ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ যিকোনো ভোটাৰ তালিকাত অন্তৰ্ভুক্ত আছে। (৩) যিসকল ব্যক্তি ১৯৬৬ চন বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অসমত প্ৰৱেশ কৰিছিল আৰু বিদেশী পঞ্জীয়ন কৰ্মকৰ্তাৰ ওচৰত কেন্দীয় চৰকাৰ কর্তৃক প্রণীত নিয়মানুসাৰে নাম পঞ্জীয়ন কৰিছিল আৰু যাৰ দ্বাৰা তেওঁলোকক অবৈধ অভিবাসী বা বিদেশী বুলি ঘোষণা কৰা হোৱা নাই। (৪) ভাৰতীয় নাগৰিকত্ব প্ৰদানকাৰী পঞ্জীয়ন কৰ্তৃপক্ষৰ দ্বাৰা যিসকলক সন্দেহৰ বাহিৰত থকাটো নিশ্চিত কৰা হৈছে অসমৰ তেনেকুৱা আদিবাসী ও তেওঁলোকৰ সন্তান আৰু উত্তৰসূৰী। (৫) ডিভোটাৰসকলেও আবেদনপত্ৰ পূৰণ কৰিব পাৰিছিল, কিন্তু বিদেশী ট্রিবিউনেল কোৰ্টৰ দ্বাৰা অ-বিদেশী বুলি ঘোষণা কৰাৰ পাছতহে তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হ'ব। (৬) ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত ভাৰতৰ অন্য ৰাজ্যৰ পৰা অসমলৈ উঠি অহা ব্যক্তিসকলৰ কাৰণে তেওঁলোকৰ পূৰ্বৰ বাসস্থানৰ যোগ্য প্ৰমাণপত্ৰৰ ভিত্তিত এনআৰচিত নাম অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰা হৈছিল। পূৰ্বপুৰুষৰ লগত যোগাযোগ স্থাপনৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ, মাটিৰ নথি, স্থায়ী বসিন্দাৰ প্রমাণপত্র বোর্ড/ইউনিভাৰ্চিটিৰ প্ৰমাণপত্ৰ, বেংক/ এলআইচি/পোষ্ট অফিচৰ তথ্য বা অন্য কোনো আইনগতভাবে গ্রহণযোগ্য নথিৰ প্ৰয়োজন হৈছিল । পূৰ্বপুৰুষৰ লগত সংযোগ স্থাপনৰ কাৰণে বংশবৃক্ষৰ আশ্ৰয় লোৱা হৈছিল ।

এনআৰচি উন্নীতকৰণ প্ৰকল্পৰ কাৰণে বাসিন্দাসকলৰ তথ্য (ডেটা)সংগ্রহ, প্ৰক্ৰিয়াকৰণ, সংগৃহীত তথ্য পৰিচালনা, নথি স্কেনিং, পৰীক্ষাকৰণ আৰু ডিজিটাইজ কৰাৰ কাৰণে উদ্ভাৱনী প্রযুক্তিগত ব্যৱস্থাৰ আশ্ৰয় লোৱা হৈছিল। উন্নীতকৰণৰ কাৰণে বিছটাৰো অধিক বৃহৎ কাস্টম ছফটওয়েৰ এপ্লিকেশ্বন বিকাশ কৰা হৈছিল। ২৫০০ টাৰো অধিক ডিজিটাইজেশ্বন হাব আৰু এটি অত্যাধুনিক ডেটা চেণ্টাৰ আৰু ৩০,০০০ চৰকাৰী কর্মকর্তা, ১০,০০০ ঠিকাভিত্তিক কর্মী নিয়োগ কৰা হৈছিল। এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত নাম নথিভুক্ত কৰাৰ কাৰণে জনসাধাৰণক সহায় কৰাৰ কাৰণে ৰাজ্যব্যাপী এনআৰচি সেৱাকেন্দ্ৰ স্থাপন কৰা হৈছিল। প্ৰতিটি সেৱাকেন্দ্ৰত ২৫০০ টা পৰিয়ালক সাঙুৰি লোৱা হৈছিল । প্ৰতিটো সেৱাকেন্দ্ৰ ইংৰাজী, অসমীয়া আৰু বাংলা মাধ্যমত লেগিচি ডেটা অনুসন্ধানৰ কাৰণে অত্যাধুনিক ছফটওয়েৰ দ্বাৰা সজ্জিত থকাৰ সমান্তৰালভাবে কম্পিউটাৰ, স্কেনাৰ আৰু আচবাবপত্ৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে উপলব্ধ কৰা হৈছিল । এনআৰচি কৰ্তৃপক্ষই ১৯৫১ চনৰ এনআৰচি আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগ পর্যন্ত প্ৰতিটো বছৰৰ ভোটাৰ তালিকাৰ প্ৰায় ৬.২৬ লক্ষ নথি ৰাজ্যব্যাপী উপলব্ধ কৰিছিল। জনসাধাৰণৰ পক্ষে জৰাজীৰ্ণ নথিৰ পৰা নাম অনুসন্ধান কৰা সম্ভৱ নহ'ব বুলি নথিসমূহ ডিজিটাইজেশ্বনৰ মাধ্যমত উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু ৬.২৬ লাখ পৃষ্ঠাৰ কাৰণে এটি ডেটা কোড উপলব্ধ কৰা হৈছিল।

আবেদন প্রক্রিয়া- আবেদন প্রক্রিয়া সহজতৰ কৰাৰ কাৰণে আবেদন প্রক্রিয়া অফ লাইন আৰু অন লাইন উভয় প্রক্রিয়াতে উপলব্ধ কৰা হৈছিল। অফ লাইন প্ৰক্ৰিয়াত আবেদনপত্র জমা দিয়াৰ কাৰণে এনআৰচি সেৱা কেন্দ্ৰলৈ যাব লগা হৈছিল। এনএচকে কেন্দ্রসমূহ জনসাধাৰণৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰাতিপুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে কেতিয়াবা তাতকৈও বেছি সময়লৈকে খোলা ৰখা হৈছিল ৷ জমা দিয়া সম্পূর্ণ ফৰ্মৰ ফটোকপি আৰু ফৰ্মৰ বিপৰীতে জাৰি কৰা এটি আবেদন ৰচিদ নম্বৰ(এআৰএন)সম্বলিত এখনকৈ প্ৰাপ্তি ৰচিদ প্ৰতিগৰাকী আবেদনকাৰীক প্ৰদান কৰা হৈছিল৷

অন লাইন প্রক্ৰিয়াত এনআৰচিৰ অন লাইন ফর্ম জনাসাধাৰণৰ কাৰণে উপলব্ধ কৰা হৈছিল ৷ অন লাইনত ফর্ম জমা দিয়াৰ কাৰণে ডেক্সটপ, লেপটপৰ মাধ্যমত ফৰ্ম জমা দিয়াৰ উপৰিও স্মার্টফোন আৰু টেবলেটৰ মাধ্যমত ফর্ম জমা দিয়াৰ বিকল্প সুবিধা প্ৰদান কৰা হৈছিল ৷

অন লাইনযোগে আবেদনপত্ৰ বিতৰণ আৰু প্ৰাপ্তি প্রাথমিকভাবে ২০১৫ চনৰ ৯ মে কামৰূপ মেট্রোপলিটানৰ চন্দ্ৰপুৰ চাৰ্কেলৰ অধীনস্থ চন্দ্ৰপুৰএনএচকে'ত এনআৰচি আবেদন ৰচিদ ছফটওয়েৰৰ মাধ্যমত ট্রায়াল হিচাপে উদ্বোধন কৰা হৈছিল । ২০১৫ চনৰ মে মাহৰ পৰা অনলাইনযোগে আবেদন প্রাপ্তিৰ প্ৰক্ৰিয়া চালু কৰা হৈছিল আৰু ২২ জুনলৈকে আবেদনপত্র জমা দিয়াৰ প্ৰক্ৰিয়া চালু হৈছিল। চৰকাৰী কৰ্ম-কৰ্তাসকলৰ দ্বাৰা ঘৰে ঘৰে গৈ আবেদনপত্ৰ বিতৰণ কৰা হৈছিল আৰু ফৰ্ম হেৰাই গ'লে বা নষ্ট হ'লে আবেদনকাৰীসকলে সেৱা কেন্দ্ৰলৈ গৈ আবেদনপত্ৰ সংগ্ৰহ কৰিব পাৰিছিল৷

এইদৰে প্ৰায় ৬ বছৰৰ নিৰলস প্ৰয়াসৰ পাছত ২০১৯ চনৰ ৩১ আগষ্টত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। কিন্তু বহু হিন্দু মানুহৰ নাম এনআৰচিত অন্তৰ্ভূক্ত নোহোৱাৰ কাৰণে শাসনাধিষ্ঠ বিজেপি চৰকাৰ এই এনআৰচি এতিয়ালৈকে আনুষ্ঠানিকভাবে গ্ৰহণ কৰা নাই। গ্ৰহণ কৰিব, নে নাই তাৰো কোনো সঠিক তথ্য নাই ।

                  সমাপ্ত

              (এনআৰচিৰ শুনানি প্ৰক্ৰিয়াৰ দৃশ্য) )

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)