ঐক্যৰ সন্ধানত
ঐক্যৰ সন্ধানত
সূচীপত্র
(১) বিহংগম দৃষ্টিত
মুছলমানসকলৰ পশ্চাদপদতাৰ কাৰণ-
(২) প্ৰসংগঃ অসমীয়াৰ
সংজ্ঞা-
(৩) ঐক্যৰ সন্ধানত-
(৪) দৰিদ্ৰপীড়িত ভাৰতীয়
জনসাধাৰণ আৰু চৰকাৰী সাহায্য-
(৫) ইছলামিক ৰাষ্ট্ৰত সন্ত্রাসবাদ
উত্থানৰ পটভূমি-
(৬) প্রসংগঃ হিন্দু
বাংলাদেশীৰ নাগৰিকত্ব-
(৭) ধর্মীয় অসহিষ্ণুতা-
(৮) অসম চৰকাৰৰ উচ্ছেদ
অভিযান-
(৯) প্ৰসংগঃ ৰাষ্ট্ৰীয়
নাগৰিকপঞ্জী-
(১০) বিটিএডিৰ গোষ্ঠীগত
সংঘৰ্ষ আৰু ইয়াৰ উৎস-
(১১) মুছলমানসকলে আত্মপক্ষ
সমর্থনৰ নীতি ত্যাগ কৰিবৰ হ’ল-
(১২) চিকিৎসা সন্ত্রাস-
(১৩)প্রসংগঃ অসম চুক্তি
বাতিল আৰু অসমৰ ভৱিষ্যত-
(১৪) সন্দেযুক্ত
বাংলাদেশীঃ এক পর্যালোচনা-
(১৫) বংগীয়মূলৰ
মুছলমান সমাজত বিহু আৰু
জাতীয় সমন্বয়ৰ ক্ষেত্ৰত
ইয়াৰ প্ৰাসংগিকতা-
(১৬)ৰোহিঙ্গীয়া মুছলমান
আৰু ম্যানমাৰ চৰকাৰী বাহিনীৰ তাণ্ডৱ-
(১৭) সুব্রমণিয়াম স্বামীৰ
মন্তব্যৰ আঁতধৰি-
বিঃ দ্রঃ- প্ৰৱন্ধবোৰ
বিভিন্ন সময়ত সাময়িক প্ৰসংগৰ ওপৰত লেখা কাৰণে কোনো কোনো
প্ৰৱন্ধত প্ৰয়োজনৰ খাতিৰত কিছু তথ্য পুনৰাবৃত্তি কৰিব লগা হৈছে।
আশাকৰোঁ সদাশয় পাঠকে সেই পুনৰাবৃত্তিৰ দোষ নিজগুণে ক্ষমা কৰিব।
বিহংগম দৃষ্টিত
মুছলমানসকলৰ পশ্চাদপদতাৰ কাৰণ
মুছলমানসকলৰ সামাজিক, আর্থিক আৰু
শৈক্ষিক অৱস্থাৰ ওপৰত প্রতিবেদন প্রস্তুত কৰিবলৈ তেতিয়াৰ ইউপিএ চৰকাৰে দিল্লী
উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰাজিন্দৰ সিং চাছাৰৰ অধ্যক্ষতাত
২০০৫ চনৰ ১৯ মাৰ্চত এখন সাতজনীয়া সমিতি গঠন কৰি দিছিল। উক্ত সমিতিয়ে মুছলমানসকলৰ
আৰ্থ-সামাজিক স্থিতিৰ ওপৰত সমীক্ষা চলাই ৪০৩ পৃষ্ঠাৰ এটি প্রতিবেদন প্রস্তুত কৰি ২০০৬ চনৰ
১৭ নৱেম্বৰত তদানীন্তন প্রধান মন্ত্রী মনমোহন সিঙৰ ওচৰত দাখিল কৰিছিল আৰু ৩০ নৱেম্বৰত
নিম্নসদনে উক্ত প্রতিবেদনত অনুমোদন জনাইছিল। মুছলমানসকল সামাজিক, শৈক্ষিক আৰু
আৰ্থিক দিশত ভাৰতৰ অনুসূচিত আৰু জনজাতিৰ তুলনাত অধিক পিছপৰা বুলি উক্ত প্রতিবেদনখনত
উল্লেখ কৰিছিল। এই কথাৰ সত্যতাও নথকাও নহয়, কাৰণ ভাৰতবৰ্ষৰ প্ৰায় ৮৫
শতাংশ মুছলমান ধর্মান্তৰিত। সেই ফালৰ পৰা চালে দেখা যায় যে, এই সকল
ধর্মান্তৰিত মুছলমান ধর্মান্তৰিত হোৱাৰ আগতে বৰ্তমানৰ অনুসূচিত জাতিৰ অন্তৰ্ভূক্ত
আছিল। কাৰণ আর্থিকভাবে অনগ্ৰসৰ নিম্নবৰ্ণৰ লোকসকলহে ধৰ্মান্তৰিত
হৈছিল। এই বিষয়ে ৰমেশ চন্দ্ৰ দত্তই লেখিছে- ‘যদি কেতিয়াবা মানৱ
সভ্যতাৰ প্রকৃত ইতিহাস লেখা হয়, তেনেহলে দেখা যাব যে, নিম্নবৰ্ণৰ
লোকসকলেই বেছিকৈ ঈশ্বৰপ্ৰেৰিত পুৰুষৰ ধৰ্ম গ্ৰহণ কৰিছে। পূৰ্ববংগৰ ফৰিদপুৰ, বাখৰগঞ্জ, ঢাকা জিলাৰ জলাহ
ভূমি একালত বেছিভাগ নিম্নবৰ্ণ হিন্দুৰ বসবাস আছিল। এতিয়া এইবোৰ
অঞ্চলত মুছলমানসকলৰে প্ৰাধান্য। এইসকল মুছলমান কিন্তু ধৰ্মৰ বাহিৰে এই অঞ্চলৰ
হিন্দুৰ দৰেই।। এনেকি কেতিয়াবা কেতিয়াবা সিহঁত ধর্মীয় আচৰণ পালনৰ
ক্ষেত্ৰতো প্রায় হিন্দুৰ দৰে একে। ইয়াত অকণো সন্দেহ নাই যে, সিহঁত বিজয়ী
মুছলমানৰ বংশধৰ নহয়, বৰং নিম্নবর্ণ হিন্দুসকলৰহে উত্তৰপুৰুষ।'
এই ধর্মান্তৰিত
মুছলমানসকলে কি কাৰণত নিজৰ ধৰ্ম ত্যাগ কৰিছিল এই বিষয়েও ৰমেশ চন্দ্ৰ দত্তই
আলোকপাত কৰিছে। তেওঁ লেখিছে- ‘যিবোৰ সুবিধা পোৱাৰ আশাত কাম নহয়। হিন্দুধর্ম
তাৰ ঘৃণনীয় জাত-পাতৰ বিচাৰজনিত অত্যাচাৰ সেইসকল হতভাগ্যসকলৰ কাৰণে জমা কৰি
ৰাখিছে, যিসকল একমাত্ৰ জন্মৰ কাৰণে নীচকূলৰ লগত যুক্ত হৈ পৰিছে। মুছলমান বিজেতাসকল
আহিল, দেশ জয় কৰিলে, লগে লগে ঘোষণা
কৰিলে- সকলো মানুহ সমান। ঘৃণিত অৱহেলিত লোকসকলৰ সন্মুখত এই নতুন ধৰ্ম গ্ৰহণ কৰাই
আছিল তেতিয়া একমাত্র মুক্তিৰ পথ।' কিন্তু অতি
পৰিতাপৰ কথা যে, তেওঁলোকৰ সেই আশা পূৰণ হোৱা নাছিল। অর্থাৎ ধর্মান্তৰিত হোৱাৰ পাছতো তেওঁলোক
অভিজাত মুছলমানৰ সমপৰ্যায়ত স্থান পোৱা নাছিল। ইছলামিক পণ্ডিতসকলে যদিও ঘোষণা কৰে যে, ইছলাম ধৰ্মত কোনো
জাতিভেদ নাই। সকলো মুছলমান ভাই ভাই। ইছলাম জন্মৰ দাবী স্বীকাৰ
নকৰে, কৰ্মৰ দাবীহে স্বীকাৰ কৰে। ইছলাম ধৰ্মত মাথোন দুটাই জাতি-নৰ আৰু নাৰী। কিন্তু
বুৰঞ্জীবিদসকলে ইছলামিক সমাজত ওঠৰটা শ্ৰেণী চিহ্নিত কৰিছে। ঊনৈছ শতিকাৰ প্ৰথম ভাগত
পূৰ্ববংগৰ মুছলমান সমাজো ওঠৰটা ভাগত বিভক্ত আছিল। কিন্তু বহুলভাবে বাংলাভাষী
মুছলমান সমাজ তিনিটা ভাগত বিভক্ত আছিল। (১) আশ্বৰাফ বা শ্বৰীফ।
এইসকল মুছলমান উচ্চবংশজাত। এওঁলোক আছিল বিদেশৰপৰা প্ৰব্ৰজন কৰি অহা মুছলমান। ছৈয়দ, শ্বেইখ, মল্লিক, মির্জাসকল এই
শ্ৰেণীৰ মুছলমান (২) উচ্চবৰ্ণ হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান। (এওঁলোক উচ্চপদ
লাভৰ আশাত ধৰ্মান্তৰিত হৈছিল আৰু অভিজাত মুছলমানৰ সমপৰ্যায়ৰ আছিল।) (৩) আলাফ বা
অট্টাপ। এওঁলোক আছিল নিম্নবর্ণ হিন্দুৰপৰা ধৰ্মান্তৰিত মুছলমান। (সম্প্রতি অসমত
বসবাস কৰি থকা মুছলমানসকলৰ প্ৰায়ভাগে এই শ্ৰেণীৰ)। আট্টাপসকল আকৌ চাৰিটা ভাগত বিভক্ত আছিল।
তাৰে এটা ভাগ আছিল আৰজল। এওঁলোক পতিত হিন্দুৰপৰা ধর্মান্তৰিত
মুছলমান। এইসকল মুছলমানৰ লগত অভিজাত মুছলমানৰ সম্বন্ধ খুব মসৃণ নাছিল। অভিজাত
শ্ৰেণীৰ মুছলমানে নিম্নশ্রেণীৰ মুছলমানক অৱজ্ঞাৰ দৃষ্টিৰে দেখিছিল। এই
অভিজাত মুছলমানৰ সংখ্যা খুবেই নগণ্য আছিল; কিন্তু সমাজত প্ৰতিপত্তি
আছিল তেওঁলোকৰে অধিক। ১৮৯১ চনৰ লোকপিয়ল অনুসৰি পূৰ্ববংগৰ মুঠ জনসংখ্যা
আছিল ১,৯৫,৮২,৩৪৯ জন। ইয়াৰে অভিজাত মুছলমানৰ সংখ্যা আছিল মাথোন ২,৬৪,১৪৬ জন। অৰ্থাৎ
শতকৰা ১৩ জন। কিন্তু দুর্ভাগ্যৰ কথা এয়ে যে, এই দুই শ্রেণী মুছলমানৰ
মাজত যোগসূত্র স্থাপনৰ বাবে কোনো মধ্যম শ্রেণী নাছিল। ফলত ধর্মান্তৰিত মুছলমানসকল
শিক্ষা-দীক্ষা আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰত অভিজাত মুছলমানতকৈ বহু পিছপৰা আছিল।
আনহাতে আৰব, ইৰাণ আৰু
ইৰাকৰপৰা প্ৰব্ৰজিত অভিজাত মুছলমানসকল প্রাক্ব্ৰিটিচ আৰু ব্ৰিটিচ যুগত
শিক্ষা-দীক্ষা আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰত হিন্দুতকৈও আগবঢ়া আছিল।
তেওঁলোকৰ ভাষা আছিল আৰবী, উর্দূ আৰু পাৰ্চী। আনহাতে তেতিয়া শিক্ষাৰ
মাধ্যমো আছিল পাৰ্চী। শিক্ষাৰ মাধ্যম পাৰ্চী হোৱাৰ কাৰণে তেওঁলোক
বিশেষভাবে লাভবান হৈছিল। বিশেষকৈ উত্তৰ-পশ্চিম সীমান্ত আৰু অযোধ্যাৰ মুছলমানসকল
কলেজীয়া শিক্ষাত হিন্দুতকৈও আগবঢ়া আছিল। উর্দু আৰু পাৰ্চী
আদালতৰ ভাষা হোৱাৰ কাৰণে তেওঁলোক চাকৰি বাকৰিৰ ক্ষৈত্ৰতো বিশেষ ভাবে লাভবান হৈছিল।
উত্তৰ প্ৰদেশত শিক্ষাৰ মাধ্যম উর্দূ হোৱাৰ কাৰণে উত্তৰ প্ৰদেশতো
তেওঁলোক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া আছিল। তেওঁলোক মুঠ জনসংখ্যাৰ ১৪.১ শতাংশ
আছিল যদিও তেওঁলোকৰ ছাত্ৰৰ সংখ্যা আছিল ১৮৯১ চনত ১৮:০৬, ১৯০১ চনত ১৯.৭
আৰু ১৯১৬-১৭ চনত ২০.৮ শতাংশ।
পক্ষান্তৰে ঊনৈছ শতিকাৰ
শেষৰ ফালে ধর্মান্তৰিত মুছলমানৰ জনসংখ্যা অধিক আছিল আৰু জনসংখ্যাৰ সমান্তৰালভাবে
তেওঁলোকৰ পশ্চাদপদতাও অধিক আছিল। ১৮৭১ চনৰ লোকপিয়ল অনুসৰি পূৰ্ববংগৰ মুঠ
জনসংখ্যাৰ ৪৮.৮ শতাংশ আৰু ১৮৯১ চনত ৪৮.৫ শতাংশ মুছলমান আছিল। এই জনসংখ্যাৰ তালিকাত শতকৰা হিচাপত
ৰাজশাহী ডিভিজনত ৫৬, ঢাকা ডিভিজনত ৫৯ আৰু চিটাগাং ডিভিজনত ৬৭.৪ জন
মুছলমান আছিল। কিন্তু শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত মুছলমানসকলৰ অৱস্থা তেনেই
পুতৌজনক আছিল। ১৮৭১ চনত মুছলমান ছাত্ৰৰ
সংখ্যা আছিল মাথোন ২৯ শতাংশ। আনহাতে হিন্দু জনসংখ্যা শতকৰা ৫০ জন আছিল যদিও তেওঁলোকৰ ছাত্ৰৰ
সংখ্যা আছিল শতকৰা ৭০ জন। ১৮৭৫ চনত প্রেচিডেন্সী কলেজত মুছলমান ছাত্ৰৰ সংখ্যা আছিল
৫.৪ শতাংশ আৰু পক্ষান্তৰে হিন্দু ছাত্ৰৰ সংখ্যা আছিল ৯৩.৯ শতাংশ। ১৮৮০-৮১ চনত
বিশ্ববিদ্যালয় বা বৃত্তিমূলক শিক্ষানুষ্ঠানত মুছলমান ছাত্ৰৰ সংখ্যা আছিল ৪.১ শতাংশ।
সেই একে সময়তে হাইস্কুলত ৮.৩ শতাংশ, মজলীয়া বিদ্যালয়ত ১২.৬ শতাংশ আৰু প্ৰাইমাৰী
বিদ্যালয়ত ২১.৭শতাংশ মুছলমান ছাত্ৰ আছিল । ২১.৭ শতাংশ মাদ্ৰাছা আৰু ১৩.৩ শতাংশ আছিল
অন্যান্য শিক্ষানুষ্ঠানসমূহত। ১৯০৫ চনৰপৰা ১৯১১ চনলৈ মুছলমান ছাত্ৰৰ এণ্ট্ৰেন্স
পৰীক্ষাত অৱতীৰ্ণ আৰু উত্তীৰ্ণৰ হাৰ তলত দেখুৱা ধৰণে আছিল-
১৯০৫ চনত মুঠ পৰীক্ষাৰ্থী
আছিল- ৭,২৭৬ জন আৰু উত্তীৰ্ণ হৈছিল- ৩,০২১ জন। ইয়াৰে মুছলমান
পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল- ২০৬ জন। অর্থাৎ শতকৰা ৬.৮ জন।
১৯১১ চনত মুঠ পৰীক্ষাৰ্থী
আছিল- ৬,১৭৪ জন আৰু উত্তীৰ্ণ হৈছিল- ৪,৩৪১ জন। ইয়াৰে মুছলমান
পরীক্ষার্থী উত্তীৰ্ণ হৈছিল- ৪২১ জন অর্থাৎ শতকৰা ৯.৭ জন।
কিন্তু দুর্ভাগ্যৰ কথা যে, ওপৰোল্লিখিত
পৰিসংখ্যাৰ ভিতৰত ধৰ্মান্তৰিত মুছলমান ছাত্ৰৰ সংখ্যা সম্ভৱতঃ খুবেই নগণ্য আছিল।
কাৰণ এক তথ্যৰ পৰা দেখা যায়
যে, অভিজাত মুছলমানৰ
সন্তান ছৈয়দ আমিৰ আলিয়ে য’ত ১৮৭২ চনত এম, এ পাছ কৰিছিল ত’ত ধর্মান্তৰিত
মুছলমানৰ সন্তান অহিদুল নবী আৰু আব্দুল লতিফে ১৯৫৪ চনত মাথোন
নিম্ন ছাত্রবৃত্তি পৰীক্ষাতহে উত্তীৰ্ণ হৈছিল।
W.W Hunter এ ১৮৭১ চনত The Musalman নামৰ গ্ৰন্থত
মুছলমানসকল হিন্দুতকৈ পশ্চাদপদ হৈ থকাৰ কাৰণ ফঁহিয়াই আলোচনা কৰিছিল। তেওঁৰ সেই আলোচনাত বংগৰ
মুছলমানসকল পশ্চাপদ হৈ থকাৰ কাৰণ স্পষ্টভাবে ওলাই পৰিছিল। সেয়ে মুছলমানসকলক
অর্থনৈতিক আৰু ৰাজনৈতিকভাবে সবল কৰাৰ কাৰণে ১৯০৫ চনৰ ১৬ অক্তোবৰত বৃহত্তৰ বংগক
পূৰ্ববংগ আৰু পশ্চিম বংগ হিচাপে বিভাজন কৰা হৈছিল। লর্ড কার্জনৰ পৰিকল্পনা অনুসৰি
অসম, চট্টগ্রাম, ঢাকা, ৰাজশাহী বিভাগকলৈ
(দার্জিলিঙক বাদ দি কিন্তু মালদহ আৰু পাৰ্বত্য জিলা ত্ৰিপুৰাক অন্তৰ্ভূক্ত কৰি)
পূৰ্ববংগ আৰু অসম প্রদেশ গঠন কৰা হৈছিল। এই নতুন প্ৰদেশৰ আয়তন
আছিল ১,০৬,৫০৪ বর্গ মাইল আৰু জনসংখ্যা আছিল ৩ কোটি ১০ লাখ। ইয়াৰে ১ কোটি ৮০ লাখ আছিল
মুছলমান আৰু ১ কোটি ২০ লাখ আছিল হিন্দু। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী
কৰা হৈছিল ঢাকা। এই বিভাজনৰ ফলত পূৰ্ববংগৰ মুছলমান সমাজৰ ৰাজনীতিত প্ৰাণ চাঞ্চল্য
সৃষ্টি হয়। উন্নয়নৰ স্পৰ্শ লাগে ঢাকাত। ঢাকাত নতুন অফিচ, সচিবালয়, ব্যৱসায়-বাণিজ্য
ও শিল্প প্রতিষ্ঠান গঢ়লৈ উঠে। পূৰ্ববংগ আৰু অসমৰ প্ৰতিটো শাখাত নতুন প্ৰাণ শক্তি আৰু উদ্দীপনা
পৰিলক্ষিত হয়; কিন্তু ইয়াৰ দ্বাৰাও বাংলাভাষী ধর্মান্তৰিত মুছলমানসকল লাভবান হ’বপৰা নাছিল।
ভাষাৰ সমস্যা, অভিজাত হিন্দু-মুছলমানৰ গাঁও অঞ্চলত শিক্ষা বিস্তাৰৰ অনীহা, অর্থনৈতিক
বৈষম্যৰ লগতে বিভিন্ন কাৰকে ধর্মান্তৰিত মুছলমানসকলৰ উন্নয়নৰ বাটত হেঙাৰ হৈ থিয়
দিছিল।
ধর্মান্তৰিত মুছলমানসকল
মূলতঃ কৃষিজীৱী আছিল যদিও মাটিৰ মালিকীস্বত্ব, ব্যৱসায়-বাণিজ্যকে আদি
কৰি সকলো বৰ্ণহিন্দু আৰু কিছু অভিজাত মুছলমানৰ অধিকাৰত আছিল।
ধর্মান্তৰিত মুছলমানৰ দৰে নিম্নবর্ণ হিন্দুৰ অৱস্থাও একে আছিল। নাঙল আছিল এই দুই
সম্প্ৰদায়ৰ; কিন্তু মাটি আছিল বৰ্ণহিন্দু আৰু অভিজাত মুছলমানৰ দখলত।
এই দুই সম্প্রদায় বাস কৰিছিল গাঁও অঞ্চলত আৰু উচ্চবৰ্ণৰ হিন্দু আৰু অভিজাত
মুছলমানসকল বাস কৰিছিল চহৰাঞ্চলত। চহৰত হিন্দুৰ বসতি আছিল শতকৰা
৬৭.১ জন আৰু মুছলমানৰ বসতি আছিল শতকৰা মাথোন ২৯.৯ জন। চহৰাঞ্চলত বাসকৰা এই
মুছলমানৰ সৰহ সংখ্যকে আকৌ আৰৱ, ইৰাণ, ইৰাকৰপৰা প্ৰব্ৰজিত আৰু
উচ্চবৰ্ণ হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমান আছিল।
ধর্মান্তৰিত মুছলমানসকল
ভাষাৰ ক্ষেত্ৰতো অন্তৰ্দ্ধৰ্দ্ধত ভূগিব লগা হৈছিল। প্রকৃতিগত ও জন্মগতভাবে
ধর্মান্তৰিত মুছলমানৰ মাতৃভাষা আছিল বাংলা। কিন্তু ধর্মীয়
সম্প্রদায় হিচাপে ভিন্নভাবে চিহ্নিত কৰাৰ কাৰণে মুষ্টিমেয় আশ্বৰাফ সম্প্ৰদায়ৰ
মুছলমানে তেওঁলোকক ঊর্দূ ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল। এই বাংলা আৰু
ঊৰ্দু বিতৰ্ক বহুদিনলৈ চলিছিল আৰু আশ্বৰাফসকলে ধর্মান্তৰিত মুছলমানৰ মাতৃভাষা
বাংলাক আওকাণ কৰি আৰবী, পাৰ্চী ভাষাত শিক্ষা গ্রহণ কৰিবলৈ
আঁকোৰগোজভাবে লাগি আছিল। কিন্তু বাংলাভাষী মুছসলমানসকলে ঊর্দূ আৰু পাৰ্চী বুজি
নোপোৱাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত বিশেষ আগ্রহ দেখুৱা নাছিল। অর্থনৈতিক
কাৰণৰ সমান্তৰালভাবে ভাষা সমস্যাও মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতাৰ অন্যতম
কাৰণ আছিল।
নানা বিভিন্নতা আৰু
অসুবিধা থকা সত্ত্বেও সেই সময়ৰ ধৰ্মান্তৰিত মুছলমানৰ পথপ্ৰদৰ্শক ছৈয়দ আমিৰ আলি
আৰু আব্দুল লতিফে শিক্ষাৰ মাধ্যম ঊর্দু হোৱাটোকে সমর্থন কৰিছিল। বাঙালী হিন্দুৰ বাবে
বাংলা আৰু বাঙালী ধর্মান্তৰিত মুছলমানকে আদি কৰি সকলো মুছলমানৰ কাৰণে শিক্ষাৰ
মাধ্যম উর্দূ হ’ব লাগে বুলি ছৈয়দ আমিৰ আলিয়ে শিক্ষা আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছিল। হিন্দু
সংস্কৃতিৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা পাঠ্যপুথিসমূহ মুছলমানৰ কাৰণে উপযোগী নহয় বুলি
এই দাবীৰ স্বপক্ষে যুক্তি দাঙি ধৰিছিল। অর্থাৎ এক নগণ্য সংখ্যক আশ্বৰাফ শ্ৰেণীৰ
মুছলমানে বৃহৎ সংখ্যক ধর্মান্তৰিত মুছলমানক প্রতিনিধিত্ব কৰিছিল। এই
আত্মঘাতী পদক্ষেপৰ ফলত বাংলাভাষী ধর্মান্তৰিত মুছলমানে আৰবী, পাৰ্চী আৰু
উর্দূতো আয়ত্ব কৰিব নোৱাৰিলেই বিপৰীতপক্ষে মাতৃভাষা বাংলাও ভালদৰে শিকিব
নোৱাৰিলে। সেয়ে তেওঁলোকে আৰবী, পাৰ্চী আৰু উর্দূৰ সংমিশ্ৰণত উদ্ভুত এক মিশ্ৰিত
দোৱানত কথা-বতৰা পাতিব লগা হৈছিল। দেশীয় ভাষাত এই মিশ্রিত ভাষাক
‘পেটুইচ’ বুলি কোৱা হৈছিল।
পেটুইচ ভাষী ধর্মান্তৰিত মুছলমানকে বাঙালী মুছলমান বুলি চিহ্নিত কৰা হৈছিল।
অতি বিদ্যুৎসাহী মুছলমান
ছাত্ৰই আন এক সমস্যাৰো সন্মুখীন হৈছিল। তেওঁলোকে একেটা সময়তে পাঁচটা ভাষা শিকিব
লগা হৈছিল। আৰবী আৰু পাৰ্চী ধৰ্মৰ কাৰণে, উর্দূ মৰ্যদাৰ
কাৰণে আৰু বাংলা ও ইংৰাজী চাকৰি বাকৰিত নিয়োগৰ কাৰণে। পক্ষান্তৰে হিন্দু ছাত্ৰই
বাংলা, সংস্কৃত আৰু ইংৰাজী এই তিনিটা ভাষা শিকিব লগা হৈছিল। মুছলমান ছাত্ৰই একে সময়ত
পাঁচটা ভাষা শিকিব লগা হোৱাত কোনোটোতে পূর্ণ দক্ষতা অর্জন কৰিবপৰা নাছিল। তদুপৰি
আৰ্থিক অনগ্ৰসৰতা আৰু গাঁও অঞ্চলত জমিদাসকলৰ শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত থকা অনীহাৰ ফলতো ধর্মান্তৰিত
মুছলমানসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰি গৈছিল।
জমিদাৰসকলৰ এই অনীহাৰ
কাৰণ হিচাপে ৰমেশ চন্দ্ৰ দত্তই এনেদৰে মন্তব্য কৰিছে- ‘দুখীয়া ৰায়তী
প্রজাসকল যেতিয়া হিচাপ-নিকাচ কৰিবলৈ শিকিব, তেতিয়া জমিদাৰৰ কৰ্মচাৰীসকলে সিহঁতক ঠগোৱাই
উপৰুৱা আয় কৰাৰ সুযোগ হেৰুৱাব। জমিদাৰসকলে তেতিয়া দুই তিনি টকাৰ গোমস্তা ৰাখিব
নোৱাৰিব। কাৰণ গোমস্তাসকলৰ উপৰুৱা আয়ৰ উৎস একেবাৰে বন্ধ হৈ যাব। ইমান কম দৰমহাত
তেতিয়া কোনে কাম কৰিব?” এইদৰে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়ে জমিদাৰসকলে গাঁও
অঞ্চলত শিক্ষা বিস্তাৰৰ বিৰোধিতা কৰিছিল। ইয়াৰ লগতে তেতিয়াৰ অভিজাত শ্ৰেণীৰ
লোকসকলেও জমিদাৰসকলৰ লগত সুৰ মিলাইছিল। তেতিয়াৰ অভিজাত কেন্দ্ৰিক সংবাদ পত্ৰ আৰু
অভিজাত শ্ৰেণীৰ লোকসকল একলগ হৈ হাজাৰ কণ্ঠত একেলগে চিঞৰি গাঁও অঞ্চলত শিক্ষা
বিস্তাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। অভিজাতসকলৰ এই মনোভাৱৰ বাবে নিম্নবৰ্ণৰ বাঙালী হিন্দু আৰু
ধৰ্মান্তৰিত মুছলমানসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছ পৰি গৈছিল। শিক্ষা-দীক্ষাৰ
ক্ষেত্ৰত পিছপৰাৰ লগে লগে চাকৰি বাকৰি, ব্যৱসায়-বাণিজ্য আদিৰ
ক্ষেত্ৰতো পিছপৰি গৈছিল আৰু আৰ্থিকভাবে কোঙা হৈ পৰিছিল। যাৰ ফলত তেতিয়াৰ ব্ৰিটিচ
চৰকাৰ আৰু অসমৰ বুদ্ধিজীৱীসকলৰ আহ্বানক্রমে এই শোষিত-বঞ্চিত লোকসকল মাটি বিচাৰি
তাহানিৰ প্ৰাগজ্যোতিষপুৰ-কামৰূপৰ ৰত্নপীঠৰ ভূমিৰপৰা কামপীঠ আৰু সুৱৰ্ণপীঠলৈ আন্তঃপ্ৰব্ৰজন
কৰি আহিছিল। ব্ৰিটিচ চৰকাৰৰ লগতে তেতিয়াৰ অসমৰ বুদ্ধিজীৱী আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু বাবু
গজানন বৰুৱা প্ৰমুখ্যে এই প্ৰব্ৰজনৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল। প্ৰব্ৰজন কৰি উঠি
অহাৰ পাছত আর্থিকভাবে কিছু সবল হোৱাত এইসকল মুছলমানে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি
শিক্ষা গ্ৰহণৰ কাৰণে ব্ৰতী হয়। কিন্তু আর্থিকভাবে অনগ্ৰসৰ হোৱাৰ সমান্তৰালভাবে
বিদ্যালয়সমূহত আন্তগাঁথনিৰ অভাৱ আৰু চৰকাৰৰ বৈষম্যমূলক আচৰণৰ ফলত এইসকল
মুছলমান গুণগত শিক্ষা আহৰণৰ ক্ষত্ৰত অন্যান্য জাতিৰ তুলনাত এতিয়ালৈকে বহু পিছপৰি
আছে। উদাহৰণ স্বৰূপে
ধুবুৰী জিলাত ১০৭০ জন সংখ্যাৰ বিপৰীতে মাথোন এখন প্রাথমিক বিদ্যালয়। মুছলিম বসতি
প্রধান অঞ্চলৰ ৩৫ শতাংশ বিদ্যালয়ত এজন শিক্ষক থকাৰ
সমান্তৰালভাবে ২৫০ ৰপৰা ৩০০ জন ছাত্র-ছাত্রী থকা বিদ্যালয়তো মাথোন এজন শিক্ষক। ৬
ৰপৰা ১৪ বছৰ বয়সৰ ২৫ শতাংশ ল'ৰা-ছোৱালী হয় বিদ্যালয়লৈ
নাযায়, অথবা অকালতে বিদ্যালয় ত্যাগ কৰে। উচ্চবর্ণ হিন্দুৰ ৬২ শতাংশ ছাত্র-ছাত্রীয়ে
প্রাথমিক শিক্ষা সমাপ্ত কৰাৰ বিপৰীতে মুছলমানৰ মাথোন ৩৯ শতাংশই প্রাথমিক
শিক্ষা সমাপ্ত কৰে। উচ্চবৰ্ণ হিন্দুৰ ৬২ শতাংংশই মাধ্যমিক ও উচ্চমাধ্যমিক শিক্ষা
সমাপ্ত কৰাৰ বিপৰীতে মুছলমানৰ মাথোন ৫০ শতাংশই মাধ্যমিক আৰু
উচ্চমাধ্যমিক শিক্ষা সমাপ্ত কৰে। উচ্চবৰ্ণৰ ৬২ শতাংশই স্নাতক পর্যায়ত উত্তীৰ্ণ
হোৱাৰ বিপৰীতে মুছলমানৰ মাথোন ৫০ শতাংশই স্নাতক পাছ কৰে। স্নাতক
পৰ্যায়ত ২৫ জন আৰু স্নাতকোত্তৰ পৰ্যায়ত ৫০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত মাথোন এজন
মুছলমান। মুছলমানসকলৰ ২০+ বয়সৰ মাথোন ৪ শতাংশ স্নাতক, এম বি এ ১ শতাংশ, স্বাস্থ্যসেৱাত ৪
শতাংশ, আই আই এমত ৪৭৪৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজত মাথোন ৬৩ জন মুছলমান অর্থাৎ ১.৩২ শতাংশ।
(এইবোৰ তথ্য ২০০৪-০৫
বৰ্ষৰ)। চাকৰিৰ ক্ষেত্ৰতো মুছলমানসকলৰ অৱস্থা পুতৌজনক। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ
১৩.৪৩ শতাংশ মুছলমান; কিন্তু চাকৰি-বাকৰিৰ ক্ষেত্ৰত
তেওঁলোকৰ প্ৰতিনিধিত্ব মাথোন ২.৫ শতাংশ। অন্যান্য সম্প্ৰদায়ৰ সংখ্যালঘুৰ মুছলমানৰ
বেংক ঋণ প্ৰাপকৰ সংখ্যা কম অর্থাৎ ৪.৬ শতাংশ। চৰকাৰী চাকৰিৰ
ক্ষেত্ৰত আই এ এছ ৩ শতাংশ, আই এফ এছ ১.৮ শতাংশ, আই পি এছ ৪ শতাংশ
ৰে'ল সেৱাত ৪.৫, স্বাস্থ্য সেৱাত
৪.৪ শতাংশ, আৰক্ষী কনিষ্টবল ৬ শতাংশ আৰু ন্যায়ালয়ত ৬.৫ শতাংশ মুছলমান নিয়োজিত হৈ আছে।। ইয়াৰে
৯৮.৭ শতাংশ নিম্নখাপৰ চাকৰিত নিয়োজিত।
২০১১ চনৰ লোকপিয়লৰ তথ্য
অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩,১২,০৫৫৭৬ জন। শিক্ষিতৰ হাৰ
৭২.১৯ শতাংশ। কিন্তু মুছলমানৰ শিক্ষিতৰ হাৰ ৫৮ শতাংশৰ অধিক
নহয়। নাৰী শিক্ষাৰ হাৰ ত্ৰিছ শতাংশৰো তলত। দুর্বল আর্থিক অৱস্থা মুছলমানৰ শৈক্ষিক
অনগ্ৰসৰতাৰ কাৰণ যদিও বাল্য বিবাহো ইয়াৰ বাবে কম দায়ী নহয়। কাৰণ এতিয়াও
মুছলমান সমাজত বাল্য বিবাহৰ প্রকোপ প্রায় আগৰ দৰেই অব্যাহত আছে। তেৰ চৈধ্য
বছৰ বয়স হ'লেই বহুতো মুছলিম ছোৱালীক বিয়া দি উলিয়াই দিয়া হয়। মুছলমান ছোৱালী যেতিয়া
তিনি চাৰিটা সন্তানৰ
মাতৃ হয়, উচ্চবর্ণ হিন্দু ছোৱালীক তেতিয়াহে বিয়া দি উলিয়াই দিয়া হয়। ফলত মুছলমান
সমাজ আশানুৰূপ ধৰণে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবপৰা নাই। তদুপৰি
আধুনিক বিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰী ধৰ্মীয় শিক্ষাৰ নামত এতিয়াও
ৰাতিপুৱা মক্তৱত অধ্যয়ন কৰে আৰু পাছত বিদ্যালয়লৈ যায়। ইয়াৰ ফলত
ছাত্ৰ-ছাত্ৰীৰ মূৰত অতিৰিক্ত চাপ পৰে। ফলত বহুতো ছাত্র-ছাত্রী মূল আধুনিক শিক্ষাত
আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ ব্যর্থ হয়। এষাৰ কথা ক'লে হয়তো বঢ়াই কোৱা
নহ'ব যে, কোনো কোনো
ক্ষেত্ৰত আব্বীয়ান মুছলমানতকৈও যেন আমাৰ ভাৰতবৰ্ষৰ এচাম মুছলমান আৰবীয়ান
সংস্কৃতিৰ প্ৰতি অধিক আগ্রহী। (বহুতে ক’ব পাৰে মই
ধৰ্মীয় শিক্ষাৰ বিৰোধিতা কৰিছো, আচলতে মই ধৰ্মীয় শিক্ষাৰ বিৰোধিতা কৰা নাই, বাস্তৱতাৰ কথাহে
ক'ব খুজিছো।)
কিন্তু এই ক্ষেত্ৰত আমাৰ শিক্ষিত সমাজ একেবাৰে নীৰৱ। মুছলমানসকলৰ অনগ্ৰসৰতাৰ বাবে একমাত্ৰ
চৰকাৰক দোষাৰূপ কৰিয়ে তেওঁলোকে নিজৰ দায়িত্ব সামৰি আছে। আমাৰ শিক্ষিত
সমাজৰ যিসকলে আধুনিক শিক্ষাৰ পোষকতা কৰে তেওঁলোকে নিজৰ মতাদৰ্শ সাধাৰণ জনতাৰ মাজত
বিস্তাৰ কৰিবলৈ ব্যৰ্থ হৈছে। এইবোৰ দৈন্যতাৰ বাবে আমাৰ সম্প্ৰদায়টো সকলো
ক্ষেত্ৰতে ভাৰতৰ অন্যান্য জাতিতকৈ পিছপৰি আছে আৰু ইয়াৰে সুযোগলৈ আৰ, এচ, এচৰ দৰে
সাম্প্রদায়িক শক্তিবোৰে নানা ঠাইত সাম্প্রদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰিবলৈ সুযোগ পাইছে।
উপযুক্ত সংগঠনৰ অভাবো
মুছলমানসকলৰ পশ্চাদপদতাৰ আন এটি কাৰণ। স্বাধীনতাপ্রাপ্তিৰ সত্তৰ বছৰ পাছতো
মুছলমানৰ কোনো শক্তিশালী ৰাজনৈতিক বা সামাজিক সংগঠন গঢ় লৈ উঠা নাই। যি দুই
চাৰিটা সংগঠন আছে সেয়া ধৰ্মীয় আৰু ৰাজনৈতিক সংগঠনহে। ধর্মীয় সংগঠনবোৰ মাদ্ৰাছা, তালাক, বাবৰী মছজিদ, ছিয়া-চুন্নীলৈ
আৰু ৰাজনৈতিক সংগঠনবোৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি লৈ ব্যস্ত হৈ আছে। (অতি পৰিতাপৰ
কথা যে, তথ্য-প্রযুক্তিৰ যুগত ধৰ্মীয় আবেগ তথা জৰা-ফুকাৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণী পাৰ
হোৱাৰ দৰে লজ্জাজনক ঘটনাও সংঘটিত কৰি আছে আমাৰ ৰাজনৈতিক প্রতিনিধিসকলে।) সম্প্রতি
বিশ্বৰ চালিকাশক্তি আধুনিক তথা প্রযুক্তিগত শিক্ষাৰ প্ৰতি যিমান
গুৰুত্বাৰোপ কৰিব লাগিছিল কোনো এটা সংগঠনেই সিমান গুৰুত্বাৰোপ কৰা নাই। ফলত
মুছলমান সমাজত সামাজিক আৰু বৌদ্ধিক আন্দোলন তথা নেতৃত্বৰ ধাৰণা গঢ় লৈ
উঠিবপৰা নাই। নেতৃত্ব মানে আমি বুজো ৰাজনৈতিক প্রতিনিধি আৰু ৰাজনীতি মানে বুজো
নিৰ্বাচন আৰু টিকট কেন্দ্ৰিক ৰাজনীতি। ৰাজনৈতিক নেতৃত্বৰ বাহিৰেও যে বৌদ্ধিক তথা সামাজিক
নেতৃত্ব থাকিব পাৰে তেনে ধাৰণা এতিয়ালৈকে আমাৰ মাজত গঢ় লৈ উঠা নাই। যাৰ ফলত
সকলো স্তৰৰ মুছলমানক প্রতিনিধিত্ব কৰিবপৰা নেতা আমাৰ মাজত এতিয়ালৈকে গঢ়লৈ উঠা
নাই। আমি যিসকলক নেতা হিচাপে স্বীকৃতি দি আছো তেওঁলোক প্ৰকৃতাৰ্থত ৰাজনৈতিক প্রতিনিধিহে, নেতা নহয়। অতি
পৰিতাপৰ কথা যে, আমাৰ যিসকল ৰাজনৈতিক প্রতিনিধি আছে তেওঁলোকে মুছলমানৰ সামাজিক, অর্থনৈতিক, শৈক্ষিক উন্নতিৰ
কথা চিন্তা কৰাতকৈ নিজৰ টিকটৰ কথাহে অধিক চিন্তা কৰিব লগা হৈছে। কাৰণ টিকট পাবলৈ
হ’লে দলৰ আজ্ঞাৱাহী
হৈ থাকিব লাগিব।
গতিকে ইচ্ছা থাকিলেও তেওঁলোকে দলৰ অনুমোদন অবিহনে স্বাধীনচিতীয়াভাবে মুছলমানৰ
সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক উন্নয়নৰ কথা ভাবিব নোৱাৰে। সম্প্রতি আমি যি এক সন্ধিক্ষণত
উপনীত হৈছে৷ ইয়াৰপৰা পৰিত্ৰাণ পাবলৈ হ'লে শৈক্ষিক তথা বৌদ্ধিক
আন্দোলন গঢ়ি তোলাৰ বাহিৰে বেলেগ বিকল্প নাই।
(অসম সাহিত্য সন্মিলনীৰ
বৰপেটাৰ জিলাৰ মুখপত্ৰ)
প্ৰসংগ অসমীয়াৰ
সংজ্ঞা আৰু খিলঞ্জীয়াঃ কিছু অনুভৱ
সম্প্ৰতি অসমত অসমীয়াৰ
সংজ্ঞালৈ ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগঠনৰ মাজত মাজে-সময়ে বিতর্ক সূচনা হোৱা
পৰিলক্ষিত হয়। কাৰণ এই সংজ্ঞাৰ মাজতে ঐতিহাসিক অসম চুক্তিৰ ৬ নম্বৰ
দফাৰ প্ৰাসংগিকতা নিহিত হৈ আছে। অসম চুক্তিৰ ৬ নম্বৰ দফাত অসমীয়া মানুহৰ
সাংবিধানিক সুৰক্ষাৰ কথা এনেদৰে উল্লেখ আছে Constitutional,
Legislative and admistritive safegaurd, as may be appropriate, shall be
provided to protect, preserve and promote the Cultural, Social Linguistic
identity and heritage of the Assamese People. অর্থাৎ অসমীয়া
মানুহৰ সাংবিধানিক, আইনী ব্যৱস্থাপনা, প্রশাসন পৰিচালনা, সাংস্কৃতিক, সামাজিক আৰু
ভাষিক সুৰক্ষা প্ৰদান তথা সংৰক্ষণৰ কথা কোৱা হৈছে। অসম চুক্তিৰ এই ৬ নম্বৰ দফাৰ
সুবিধাসমূহ ভোগ কৰাৰ কাৰণে দাবী উত্থাপন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমত
বসবাস কৰি থকা কোনসকল অসমীয়া অর্থাৎকোনসকল মানুহৰ
কাৰণে ৬ নম্বৰ দফাৰ সুবিধাসমূহ সংৰক্ষণ কৰা হ’ব তাৰ তথ্য বিচাৰিলে।
চমুকৈ ক’বলৈ গ'লে অসমীয়াৰ সংজ্ঞা বিচাৰিলে। কিন্তু অসমীয়াৰ সংজ্ঞা
নিৰ্ধাৰণ কৰিবলৈ গৈ আউল লাগিল। অসম সন্মিলিত সাহিত্য সভা মঞ্চই ১৬ টা সংগঠনৰ লগত
লগ লাগিও অসমীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ ব্যর্থ হ’ল। কাৰণ অসমখন
বহু ভাষা-ভাষীৰ দেশ। অসমত বসবাস কৰি থকা বহু জনগোষ্ঠীৰ মাতৃভাষা অসমীয়া নহয়৷
সেয়ে মাথোন অসমীয়া ভাষা কোৱা জনগোষ্ঠীক অসমীয়াৰ
অন্তৰ্ভূক্ত কৰিলে বহু জনগোষ্ঠী অসমীয়াৰ সংজ্ঞাৰপৰা বঞ্চিত হ’ব। আনহাতে অসমত
বসবাস কৰি থকা সকলো জনগোষ্ঠীক অসমীয়াৰ সংজ্ঞাভূক্ত কৰিলেও
অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰাসংগিকতাই নোহোৱা হ’ব। সেয়ে অসম
সন্মিলিত সাহিত্য সভা মঞ্চই অসমীয়াৰ সংজ্ঞাৰ পৰিৱৰ্ত্তে খিলঞ্জীয়াৰ
সংজ্ঞা নিৰ্ধাৰণৰ কাৰণে চূড়ান্ত সংশোধনী প্রস্তাৱ আগবঢ়ালে।
অসম সন্মিলিত সাহিত্য সভা
মঞ্চই খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিলে এনেদৰে- ঐতিহাসিক কালৰপৰা যুগ যুগ ধৰি
যিসকল লোক এই ভূ-খণ্ডত বসবাস কৰি আহিছে, বিভিন্ন সময়ৰ
অসমৰ বায়ু, পানী, মাটি, জনজীৱন, থলুৱা সংস্কৃতিৰ সৈতে একাত্ম হৈ এনেদৰে- ঐতিহাসিক কালৰপৰা যুগ যুগ ধৰি যিসকল লোক এই
ভূ-খণ্ডত বসবাস কৰি আহিছে, বিভিন্ন সময়ৰ অসমৰ বায়ু, পানী, মাটি, জনজীৱন, থলুৱা সংস্কৃতিৰ
সৈতে একাত্ম হৈ বিলীন হৈ গৈছে আৰু অসমৰ বৃহত্তৰ সমাজে ইতিমধ্যে যিসকলক
গ্ৰহণ কৰি লৈছে সেইসকসলেই খিলঞ্জীয়া। এই খিলঞ্জীয়াৰ সংজ্ঞা অসম সন্মিলিত সাহিত্য
সভা মঞ্চই ৩০/০৯/২০০৫ তাৰিখে গৃহীত কৰি ০১/১০/২০০৫ তাৰিখে চৰকাৰৰ ওচৰত দাখিল
কৰিলে। কিন্তু এই থলুৱা সংস্কৃতি কোন জনগোষ্ঠীৰ আৰু কোনসকল
মানুহক বৃহত্তৰ সমাজে গ্ৰহণ কৰিছে এই বিষয়ে কোনো তথ্য নথকাৰ ফলত সংজ্ঞাটো
দ্ব্যৰ্থবোধক হৈ পৰিল। সেয়ে এই দ্ব্যর্থবোধক সংজ্ঞা
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে।
অসম সন্মিলিত সাহিত্য সভা
মঞ্চৰ এই দ্ব্যৰ্থবোধক সংজ্ঞাৰ সুযোগ লৈ অসম সন্মিলিত খিলঞ্জীয়া মহাসংঘই ২০০৭ চনৰ
২২ আৰু ২৩ ডিচেম্বৰত বহা দুদিনীয়া অধিবেশনত বিশেষ কিছুমান
জাতি-গোষ্ঠীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াণ্ডাবু সন্ধি অর্থাৎ ১৮২৬ চনৰ আগৰপৰা অসমত
বসবাস কৰি থকা জনগোষ্ঠীসমূহক খিলঞ্জীয়াৰ অন্তৰ্ভূক্ত কৰিলে।
এই সংজ্ঞা যে উদ্দেশ্য প্রণোদিত ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। কাৰণ এই সংজ্ঞাৰ
জৰিয়তে পাৰস্য সভ্যতাৰ শিখসকলক খিলঞ্জীয়াৰ
অন্তৰ্ভূক্ত কৰিছে যদিও প্ৰব্ৰজনৰ দোহাই দি একাংশ বাংলা ভাষী হিন্দু আৰু মুছলমান
জনগোষ্ঠীৰ লগতে চাহ বনুৱাসকলক খিলঞ্জীয়াৰ সংজ্ঞাৰপৰা বাদ দিছে।
তদুপৰি খিলঞ্জীয়া মহাসংঘই চন তাৰিখৰ ভিত্তিত যি খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ
কৰিছে সেয়াও বিতর্কিত। কাৰণ ইয়াণ্ডাবু সন্ধিৰ আগত অসম নামৰ
কোনো অস্তিত্বই নাছিল। অসম নামৰ উৎপত্তি সৌসিদিনাৰহে। তথাপিও নামৰ উৎপত্তি
সম্পর্কে মতভেদ আছে। ইয়াণ্ডাবু সন্ধিৰ আগলৈকে অবাচীন
অসমৰ ভূমিভাগ প্ৰাগজ্যোতিষ কামৰূপ আৰু শেষৰ পৰ্যায়ত কোচ-কমতা, আহোম, খৈৰাম, জয়ন্তীয়া, কছাৰী আৰু
ডিমৰুবা ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল বুলি জনা যায়। (এই তথ্য ষোড়শ শতিকাৰ কোচ আৰু
আহোম ৰাজ্যৰ মানচিত্ৰৰপৰা লোৱা হৈছে)। এই সময় ছোৱাত
অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ আগলৈকে ক’তো অসম নামৰ উল্লেখ থকা
দেখা নাযায়। গতিকে নিৰ্দ্দিষ্ট নাম আৰু সীমাৰ অস্তিত্ব নথকা কোনখন
ভূখণ্ডৰ কোন বিলাক মানুহক খিলঞ্জীয়াৰ অন্তৰ্ভূক্ত কৰা হ’ল সেয়াও এক
বিতর্কিত বিষয়। আনহাতে বিশ্ব সাহিত্যৰ ইতিহাসেও এই সংজ্ঞা সমৰ্থন
নকৰে।
কাৰণ বিশ্ব সাহিত্যৰ
ইতিহাসে খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয় কৰিছে এনেধৰণে- যিসকল এডোখৰ ভূমিৰ প্ৰথম মানুহ
তেওঁলোক বা তেওঁলোকৰ সমসাময়িক জাতি সম্প্রদায় একেলগে বসবাস কৰি
আছিল, আজিও আছে অথচ তেওঁলোকৰ ভূমিত তেওঁলোকে ৰাজনৈতিক, অর্থনৈতিক আৰু প্রশাসনিক ক্ষমতা
আদিৰপৰা বঞ্চিত। অথচ তেওঁলোকৰ ভাষা, ধর্ম, সংস্কৃতি আজিও
আছে আৰু সেইবোৰ তেওঁলোকৰ পৰৱৰ্ত্তী সন্ততিৰ ওপৰত দায়ৱদ্ধতাৰে
অৰ্পণ কৰিবলৈ দৃঢ় প্রতিজ্ঞ তেওঁলোকেই সেই ভুমিভাগৰ খিলঞ্জীয়া অধিবাসী।
(আন্তর্জাতিক শ্রম সংস্থাৰ আদিবাসীৰ সংজ্ঞাৰ লগত এই সংজ্ঞাৰ মিল
আছে।) সর্বজন গ্রহণযোগ্য সাহিত্যৰ ইতিহাসৰ এই খিলঞ্জীয়াৰ সংজ্ঞা বাদ দি বিশেষ
জাতি-গোষ্ঠীৰ স্বাৰ্থত উদ্দেশ্য প্রণোদিতভাবে খিলঞ্জীয়াৰ
সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গ'লে সেয়া কেতিয়াও সর্বজন গ্রহণযোগ্য নহ’ব। বৰং সমস্যা
অধিক জটিল হোৱাৰ সম্ভাৱনাইহে দেখা দিব। কোন আগত আৰু কোন পিছত
আহিছে এনেকুৱা ইতিহাসৰ জৰিয়তেও অসমত খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয় কৰা সম্ভৱ নহয়।
সেয়ে অসমত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ হ'লে পোনতে অসম
নামৰ এই ভুখণ্ডৰ প্ৰাচীন সীমাৰ লগতে সেই প্রাচীন ভূখণ্ডৰ সৰ্বপ্ৰথম বংশজাত কোনসকল
মানুহ আছিল সেয়া আগতে নিৰ্ধাৰণ কৰিব লাগিব।
বৰ্তমান অসমৰ ভূমিভাগ
প্রাচীন কালত প্ৰাগজ্যোতিষ-কামৰূপৰ ভূমিৰ অন্তৰ্ভূক্ত আছিল বুলি বিভিন্ন তথ্যৰপৰা
জনা যায়। ১৭০০ খ্ৰীষ্টপূর্বত মহিৰংগ দানৱ নামৰ ৰজা
এগৰাকীয়ে পোনপ্ৰথমে কামৰূপত ৰাজত্বৰ পাতনি মেলিছিল বুলি এডৱাৰ্ড গেইট চাহাবে অসম
বুৰঞ্জীত উল্লেখ কৰিছে। মহিৰংগ দানৱৰ পাছত তেওঁৰ বংশধৰ হতক অসুৰ, সম্বাসুৰ আৰু
ৰত্নাসুৰে কামৰূপত ৰাজত্ব কৰিছিল বুলি জনা যায়। দানৱ আৰু অসুৰ শব্দৰপৰা তেওঁলোক অনাৰ্য
আছিল বুলি ঠাৱৰ কৰা হৈছে। এই ৰজা কেইজনৰ পাছত খ্ৰীষ্টপূর্ব ১৬০০ শতিকাত ঘটক কিৰাত
কামৰূপৰ সিংহাসনত আৰোহণ কৰে। (কিৰাত শব্দৰ পৰা কলিতা শব্দৰ উৎপত্তি
হোৱা বুলি বহুতে অনুমান কৰে। ১৫০০ খ্ৰীষ্টপূৰ্বত নৰকাসুৰে ঘটক কিৰাতক হত্যা কৰি
কামৰূপৰ সিংহাসনত আৰোহণ কৰে। নৰকাসুৰৰ পাছত তেওঁৰ পুতেক
ভগদত্ত আৰু পুষ্পদত্তই ৰাজত্ব কৰে। পুৰাণ আৰু তন্ত্ৰসমূহৰ মতে নৰকাসুৰৰ ৰাজ্যৰ
সীমা পশ্চিমে কৰতোৱা আৰু পূবে ডিক্ৰং নৈ লৈ বিস্তৃত আছিল বুলি জনা যায়।
খ্ৰীষ্টীয় প্রথম শতিকাত
ভৌমবংশৰ পুষ্যবৰ্মণে কামৰূপত বৰ্মণ বংশৰ ৰাজত্বৰ পাতনি মেলিছিল বুলি জনা যায়। এই
বৰ্মণ বংশই কুমাৰ ভাস্কৰ বৰ্মণৰ দিনলৈ অর্থাৎ ৬৫০
খ্রীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। পুষ্যবৰ্মণ আলপাইন গোষ্ঠীৰ লোক আছিল বুলি আৰ্যসকলে
তেওঁক ম্লেচ্ছ বুলিছিল । বৰ্মণ বংশৰ পাছত শালস্তম্ভ বংশৰ
২১ গৰাকী ৰজাই ৬৫০ খ্ৰীষ্টাব্দৰপৰা ৯৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভ
বংশৰ ৰাজত্ব কালত অষ্টম শতাব্দীৰ পাছত কামৰূৰ ৰাজ্য চাৰিটা
ভাগত বিভক্ত হয়। কৰতোৱাৰপৰা বৰ্তমানৰ মানকাছাৰলৈ বিস্তৃত অঞ্চলৰ নাম আছিল
ৰত্নপীঠ। বর্তমান বাংলাদেশৰ ভূমিভাগেই আছিল তাহানিৰ ৰত্নপীঠ।
মানকাছাৰৰপৰা ৰূপিকা (বৰ্তমানৰ ৰূপহী নদী) নদীলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল
কামপীঠ। ৰূপহী নদীৰপৰা বৰ্তমানৰ তেজপুৰৰ কিছু পূব ফালেদি
থকা ভৈৰৱী নদীলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল স্বর্ণপীঠ আৰু ভৈৰৱী নদীৰপৰা দিক্কৰ
বাসিনী(বৰ্তমানৰ দিকৰাই নদীলৈ বিস্তৃত ভূমিভাগৰ নাম আছিল সৌমাৰ পীঠ।
(আহোমসকলে এই সৌমাৰপীঠতে ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ পাতনি মেলিছিল) শালস্তম্ভ বংশৰ হৰ্ষদেৱ
নামৰ ৰজাগৰাকীৰ দিনত কামৰূপ ৰাজ্যৰ সীমা বৰ্তমানৰ বংগদেশ অতিক্ৰম কৰি উত্তৰ ভাৰতৰ
বহু অঞ্চললৈ বিস্তৃত আছিল বুলি বিভিন্ন তথ্যৰপৰা জনা
যায়। শালস্তম্ভ বংশৰ শেষৰজন ৰজা অপুত্ৰক অৱস্থাত মৃত্যুবৰণ কৰাত তেতিয়াৰ মন্ত্ৰী
পৰিষদে ৯৯০ খ্ৰীষ্টাব্দত ব্ৰহ্মপালক কামৰূপৰ সিংহাসনত বহুৱায়।
ব্ৰহ্মপালৰ পাছত ধর্মপাল, জয়দেৱপাল আৰু সমুদ্রপালে ১১৫০ খ্ৰীষ্টাব্দ লৈ
কামৰূপত ৰাজত্ব কৰে। পালৰজাসকলৰ ৰাজত্ব কালতো কামৰূপ ৰাজ্যৰ সীমা
কৰতোৱা নদীলৈ বিস্তৃত আছিল। বৰ্তমানৰ বাংলাদেশৰ চিলিমপুৰত পাল ৰজাসকলৰ শিলালিপিও
উদ্ধাৰ কৰা হৈছে। ইয়াৰ পাছৰ পৰ্যায়ত সন্ধ্যাকৰ ৰায়ে কমতাপুৰ
ৰাজ্য স্থাপন কৰে। কমতাপুৰ ৰাজ্যৰ শাসন প্ৰায় ২৪০ বছৰলৈ চলে। আমানুল্যা খানে
কোঁচবিহাৰৰ ইতিহাসত উল্লেখ কৰা মতে এটা সময়ত কামৰূপ
ৰাজ্যৰ সীমা কৰতোৱালৈ বিস্তৃত থকাৰ লগতে অৰ্বাচীন অসম, মণিপুৰ, জয়ন্তা, কাছাৰ, মৈমন সিং, শ্রীহট্ট, জলপাইগুড়ি আদি অঞ্চল
কামৰূপৰ অন্তৰ্ভূক্ত আছিল। পৰৱৰ্ত্তী কালত এইসমূহ অঞ্চল কমতাপুৰৰ অধীনলৈ আহিছিল৷
আহোমসকলে কামৰূপৰ সৌমাৰপীঠ দখল কৰাৰ পাছত পশ্চিমৰপৰা
মোগল আৰু পূবৰপৰা আহোমসকলৰ আক্ৰমণৰ ফলত কমতাপুৰ ৰাজ্য ধ্বংস হয়।
১৫১৫ খ্ৰীষ্টাব্দত বিশ্ব সিংহই
কামৰূপত পোন প্ৰথমবাৰৰ কাৰণে কোঁচ ৰাজ্য প্রতিষ্ঠা কৰে। মোগলসকলে ১৫৯৬ চনত
প্ৰাগজ্যোতিষ-কামৰূপৰ
ৰত্নপীঠৰ ভূমিভাগ দখল
কৰাৰ আগলৈকে কোচৰাজ্যৰ সীমা পূবে বৰনদী আৰু পশ্চিমে কৰতোৱা নদীলৈ বিস্তৃত আছিল।
কোচবিহাৰ, মৈমন সিং, ৰংপুৰ, বণ্ডুকা (মহাপুৰুষ মাধৱ দেৱৰ ককায়েকৰ জন্মস্থান) আদি কোঁচৰাজ্যৰ অন্তৰ্ভূক্ত
আছিল।
এতিয়া প্ৰশ্ন হ’ল এইসমূহ অঞ্চলৰ
বাসিন্দা কোন আছিল? সুনীতি কুমাৰ চট্টোপাধ্যায়ে বাংলাৰ সংস্কৃতি
নামৰ গ্ৰন্থত উল্লেখ কৰা মতে, নেগ্রেবটুসকল প্ৰাগজ্যোতিষ-কামৰূপৰ
আদিম অধিবাসী আছিল। এওঁলোকে পাঁচ ছয় হাজাৰ বছৰ আগতে সমুদ্র তীৰৱৰ্ত্তী অঞ্চলত
বসবাস কৰিছিল। নেগ্রেবটুসকলৰ পাছত আগমন ঘটিছিল
অষ্ট্ৰিকসকলৰ। অষ্ট্ৰিকসকলৰ লগত নেগ্ৰেবটুসকলৰ তেজৰ মিশ্ৰণ হয় আৰু এই মিশ্ৰণৰ ফলত
কোল, মুণ্ডা জাতিৰ উদ্ভৱ হয়। অৱশ্যে কোনো কোনো ঠাইত
মিশ্ৰণ প্ৰায় হোৱাই নাছিল। যেনে- খাচীয়াসকল। খ্রীষ্টপূর্ব ৩০০০ বছৰ আগত মধ্যম
হৰপ্পা সভ্যতাৰ দ্ৰাবিড়সকলৰ প্ৰাগজ্যোতিষ-কামৰূপৰ
পুণ্ড্ৰবৰ্দ্ধনলৈ আগমন হয়। দ্রাবিড়সকল ৭০০০ খ্রীষ্টপূৰ্বত চুমেৰীয় সভ্যতাৰ
অধিবাসী আছিল। এওঁলোকৰ জীৱিকাৰ মাধ্যম আছিল মৎস্য আৰু জন্তু
চিকাৰ। অষ্ট্ৰিকসকলৰ লগত মিশ্ৰণ হৈ এওঁলোক কৃষিভিত্তিক সভ্যতাৰ অংশীদাৰ হৈ পৰে।
অষ্ট্ৰিক, দ্রাবিড়, কোল, মুণ্ডা, নিষাদ, পোদ, দামিল, ডোম, কেওঁট-কৈৱৰ্ত এই সভ্যতাৰ অংশীদাৰ। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে, ভাৰতবৰ্ষৰ প্ৰায়
সত্তৰ শতাংশ মানুহ দ্রাবিড়সকলৰ বংশজাত। শাৰীৰিক গঠন, খাদ্য সংস্কৃতি, পিন্ধন সংস্কৃতি
আৰু উৎপাদন পদ্ধতি, পৰম্পৰা, কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ
বিচাৰত বৰ্তমান অসমত বসবাস কৰি থকা বাংলাভাষী নিম্নবৰ্ণৰ
হিন্দু আৰু মুছলমানসকলৰ অধিক সংখ্যকে এই দ্ৰাবিড় সকলৰ বংশধৰ।
দ্রাবিড়সকলৰ পাছত আৰ্য
আৰু আৰ্যসকলৰ পাছত চীনো-তিব্বতী-মংগোলীয় গোষ্ঠীৰ লোকৰ প্ৰাগজ্যোতিষ-কামৰূপৰ
ভূমিলৈ আগমন হয়। ডিমাচা-কছাৰী বুৰঞ্জী অনুসৰি ১০৮৬ খ্ৰীষ্টাব্দত
এওঁলোকে ডিমাপুৰত ৰাজ্য স্থাপন কৰিছিল বুলি জনা যায়। এডৱাৰ্ড গেইট চাহাবে বড়ো, ডিমাচা, গাৰো, ৰাভা, কোচ, চুটীয়া, ত্ৰিপুৰী, হোজাই, লালুং আৰু
সোণোৱালসকল তিব্বত-চীনো ভাষা-ভাষীৰ তিব্বত-ব্ৰহ্ম শাখাৰ লোক বুলি মতপোষণ কৰিছে। চিডনি
এণ্ডেলে বড়ো, কছাৰীসকলৰ বাহিৰেও ৰাভা, মেচ, ধীমল, কোঁচ, সলানিয়া, মহালীয়া, ফুলগুৰীয়া, শৰণীয়া, ডিমাচা, হোজাই, লালুং, গাৰো, হাজং আদি জনজাতি
বৃহত্তৰ বড়ো জাতিৰ লোক বুলি উল্লেখ কৰিছে।
গতিকে খিলঞ্জীয়াৰ সংজ্ঞা
নিৰ্ধাৰণ কৰিবলৈ হ’লে এইসমূহ ইতিহাস আওঁকাণ কৰি বিশেষ উদ্দেশ্য
আগত ৰাখি খিলঞ্জীয়াৰ সঠিক সংজ্ঞা নিৰ্ধাৰণ কৰা কেতিয়াও
সম্ভৱ নহ’ব আৰু যদি তেনেকুৱা কৰা হয়ো সেয়া কেতিয়াও সৰ্বজন গ্রহণযোগ্য নহ’ব। গতিকে
খিলঞ্জীয়াৰ সংজ্ঞাৰ পৰিৱৰ্ত্তে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ
কৰাই অধিক সহজ আৰু যুক্তিযুক্ত হ’ব যেন ধাৰণা হয়। এই ক্ষেত্ৰত যোৱা ২০১৭ চনৰ
ফেব্ৰুৱাৰী মাহৰ ১৪ আৰু ১৫ তাৰিখে অনুষ্ঠিত হোৱা অসম সাহিত্য
সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে ২৫ খন জিলাৰ সভাপতি আৰু সম্পাদকৰ লগতে কেন্দ্রীয়
কার্যনির্বাহকলৈ নির্বাচিত প্রতিনিধিৰ উপস্থিতিত কেন্দ্রীয়
সমিতিয়ে গ্ৰহণ কৰা অসমীয়াৰ সংজ্ঞা বিবেচনাযোগ্য হ’ব পাৰে। সাহিত্য
সভাই এনেদৰে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে-‘জাতি, বর্ণ, ধর্ম, ভাষা, নৃগোষ্ঠীয় উৎস
নির্বিশেষে যিসকল মানুহে অসমীয়া ভাষাক প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাষা
ৰূপে গ্ৰহণ আৰু ব্যৱহাৰ কৰে, তেওঁলোকৰ সকলোকে অসমৰ
জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰা হ’ব আৰু ভৱিষ্যতেও এই নীতি
আমাৰ পদপ্ৰদৰ্শক হ’ব।' অৱশ্যে এই সংজ্ঞা গ্ৰহণ কৰিবলৈ হ'লেও চৰকাৰে অসমত
বসবাস কৰা সকলো জাতি-গোষ্ঠীৰ লগত আলোচনা কৰি এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগিব
আৰু জাতীয় দল সংগঠনৰ পৰিৱৰ্ত্তে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰেই মুখ্য ভূমিকা পালন কৰিব লাগিব।
(অসমীয়া প্রতিদিন-২৭
মার্চ / ২০১৭)
ঐক্যৰ সন্ধানত
আমাৰ দেশ ভাৰতবৰ্ষ নানা
জাতি, নানা উপজাতি আৰু নানা ধৰ্মৰ মিলন তীৰ্থ । বাৰেবৰণীয়া ক’লা-কৃষ্টি, সংস্কৃতিৰ
সমন্বয়ত গঢ়ি উঠা পূণ্যতীর্থ। বৈচিত্ৰৰ মাজত ঐক্যৰ সেতু গঢ়ি দেশৰ অখণ্ডতা
ৰক্ষাৰ বাবে ভাৰত সদায় তৎপৰ। যুগে যুগে নানা ধৰ্ম, নানা বৰ্ণ আৰু
নানা জাতি-উপজাতিৰ মানুহ ভাৰতলৈ আহি ভাৰতীয় মূল সুঁতিৰ লগত বিলীন হৈ
গৈছে। ইতিহাসে ঢুকি নোপোৱা কালত আগমন ঘটিছিল দ্রাবিড় আৰু মংগোলীয়সকলৰ।
খ্ৰীষ্টপূর্ব ১৫০০ হাজাৰ বছৰ আগত আগমন ঘটিছিল আৰ্যসকলৰ আৰু আৰ্যসকলৰ পাছত আক্ৰমণকাৰীৰ বেশত
আহিছে নানা সংস্কৃতি আৰু ধৰ্মক প্রতিনিধিত্ব কৰা গ্ৰীক, শক, হুণ, মোগল, পাঠান, কুশানসকল। আঠশ
বছৰ আগত আহিছে আহোমসকল। বিভিন্ন জাতি-উপজাতিৰ পাৰস্পৰিক ক’লা-সংস্কৃতি আদান-প্ৰদানৰ
জৰিয়তে ভাৰত বিশ্বৰ দৰবাৰত স্বকীয় মহিমাৰে মহীয়ান হৈ উঠিছে। ভাৰতৰ সংবিধানেও
সকলো নাগৰিককে চিন্তা, অভিব্যক্তি, বিশ্বাস আৰু উপাসনাৰ
স্বাধীনতা প্ৰদান কৰি স্বকীয় পৰিচয়েৰে একতাৰ ডোলত বান্ধ খাই বসবাস কৰাৰ সুবিধা
প্রদান কৰিছে। ক’লা-সংস্কৃতিৰ লগতে ভাষাৰ ক্ষেত্ৰতো ভাৰতে
ওঠৰটা ভাষাক স্বীকৃতি প্রদান কৰি বহল মানবীয় দৃষ্টিভংগীৰ পৰিচয় দিছে। বিশ্বৰ আন
কোনো দেশত এনেকুৱা দৃষ্টান্ত পাবলৈ নাই।
সেই তাহানিৰেপৰা ভাৰতে
অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে তৎপৰতা দেখুৱাই আহিছে। যুদ্ধ আৰু কৌশলেৰে বশীভূত
কৰাতকৈ ধৰ্ম আৰু কলা-কৃষ্টিৰ প্ৰতি উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰি সমগ্র জাতিক একতাৰ ডোলেৰে বান্ধি
অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে শাসকসকলো সচেতন আছিল। এই
ক্ষেত্ৰত মোগল সম্রাট আকবৰৰ কথা উল্লেখ কৰিব পাৰি। আকবৰে ধৰ্মৰ জৰিয়তে দেশৰ
ঐক্য-সংহতি ৰক্ষাৰ কাৰণে দীন ইলাহী নামৰ নতুন ধৰ্ম প্ৰচাৰৰ কাৰণে চেষ্টা চলাইছিল।
জাতি-বর্ণ-ধর্ম নির্বিশেষে সেই ধৰ্ম আচৰণ কৰাৰ সুবিধা আছিল। আকবৰে নিজে ৰাজপুত
ৰাজকুমাৰী যোধাবাঈক বিয়া কৰাই নিজৰ প্ৰাসাদত তাইক নিজ ধর্ম আচৰণ কৰাৰ কাৰণে সুবিধা
প্ৰদান কৰিছিল। এয়া ধর্ম সম্পর্কে আকবৰৰ বহল দৃষ্টিভংগীৰ পৰিচয় আছিল।
এই ক্ষেত্ৰত ভাৰতত মোগল
সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ কথাও উনুকিয়াব পাৰি। বিখ্যাত পানিপথৰ যুদ্ধত
ইব্রাহীম লোডীক পৰাস্ত কৰি বাবৰে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল।
বিজয়ী সৈন্যসকলৰ প্ৰতি তেওঁৰ প্ৰথম সঁকীয়নি আছিল-‘কোনেও যাতে
হিন্দুসকলৰ ধৰ্ম আচৰণত বাধাৰোপ নকৰে আৰু মন্দিৰৰ পবিত্ৰতা বিনষ্ট
নকৰে।' বাবৰৰ এই সঁকীয়নি উলংঘা কৰি বিজয়ৰ আনন্দত উন্মত্ত হোৱা বেগ এজনে হিন্দুৰ
মন্দিৰ লুটপাত কৰিবলৈ
অগ্ৰসৰ হোৱাত বাবৰ পুত্ৰ চাহজাদা হুমানুনে তাক তাৰ সহচৰ সহ বন্দী কৰি ধৰ্মীয়
উদাৰ্তাৰ পৰিচয় দিছিল।
আহোম স্বৰ্গদেউ সকলো এই
ক্ষেত্ৰত পিছপৰা নাছিল। সোশ শতিকাৰ আগভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা আজান
ফকিক আহোম স্বৰ্গদেউ প্রতাপ সিংহই শিৱ সাগৰৰ ওচৰৰ সৰাগুৰি চাপৰিত মছজিদ সাজি দি দুকুৰি
ভকতেৰে তাত থাকি ইছলাম ধৰ্ম প্ৰচাৰৰ সুবিধা প্ৰদান কৰি ধৰ্মীয় সহনশীলতা আৰু
মানৱীয়তাৰ বহল পৰিচয় দাঙি ধৰিছিল।
কিন্তু এই ঐক্যৰ মাজতে
মাজে-সময়ে জাতি-উপজাতি, ধর্ম-ভাষা আৰু আঞ্চলিকতাবাদৰ নামত গণতন্ত্ৰৰ
ভেটিত প্রতিষ্ঠিত ভাৰতবৰ্ষত সম্প্রতি মাজে সময়ে অনৈক্যৰ বাতাবৰণ সৃষ্টি হোৱা
পৰিলক্ষিত হৈছে৷ গোষ্ঠী সংঘৰ্ষ সৃষ্টি হৈছে— ভাৰতৰ সেউজ-শ্যামল বুকু
তেজেৰে ৰঞ্জিত হৈছে। চৰকাৰী পক্ষই সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ গৈ
ৰাষ্ট্ৰ সন্ত্ৰাসৰো সৃষ্টি কৰিছে। দোষীক কৰায়ত্ত কৰাৰ নামত নিৰপৰাধীৰ তেজেৰে হোলী
খেলিছে। গাদী সংৰক্ষিত কৰি ভোগ-বিলাস চৰিতাৰ্থ কৰাৰ কাৰণে সন্ত্রাসবাদীক প্রশ্রয় ও আশ্রয়
দি নিজৰ পাশৱিক মনোবৃত্তি চৰিতাৰ্থ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই কোনো কোনো
ৰাষ্টযন্ত্ৰই। পাকিস্থানৰ প্ৰশ্ৰয়ত কাশ্মীৰত সংঘটিত হৈ থকা ৰক্তক্ষয়ী সংঘৰ্ষ
ইয়াৰ উৎকৃষ্ট উদাহৰণ। জাতি-উপজাতি আৰু আঞ্চলিকতাবাদৰ নামতো আমাৰ দেশত
বহু ধন-জন ক্ষতি হৈছে। সৌ সিদিনা পঞ্জাবীসকলে খালিস্থান দাবী কৰি অলেখ ধন-জন বিনাশ
কৰাৰ লগতে জন-জীৱন ব্যতিব্যস্ত কৰি তুলিছিল। বিদেশী তথা বহিৰাগত বিতাড়নৰ নামত অসমত হত্যা-ধৰ্ষণৰ
তাণ্ডৱ চলিছে। সম্প্রতি বড়োসকলে বেলেগ ৰাজ্যৰ দাবীত বড়োভূমি উত্তাল
কৰি ৰাখিছে। নিৰপৰাধ মানুহক হত্যা কৰি নাৰকীয় তাণ্ডৱ চলাই আছে। ধৰ্মৰ নামতো ভাৰতত
কে’বাটাও সাম্প্রদায়িক
সংঘর্ষ সংঘটিত হৈ গৈছে।
মোৰাদাবাদ, এলহাবাদ, গুজৰাটৰগোধৰা,আহমেদাবাদ, বিহাৰ শ্বৰীফ, বৰোদা, পুণা, বোলপুৰ, ভিওয়ানডি আৰু
বোম্বে আদিত সংঘটিত হোৱা সংঘৰ্ষ ইয়াৰ উৎকৃষ্ট উদাহৰণ।
মানুহৰ মনত জাতীয় চেতনাৰ
উন্মেষ ঘটাব নোৱাৰিলে একমাত্র সংবিধানে এইবোৰ ৰক্তক্ষয়ী সংঘর্ষ বাধা দি ৰখাটো
সম্ভৱ নহয়। আমি য’তেই নাথাকো কিয়, যি ধর্মই আচৰণ
নকৰো কিয়, জাতি হিচাপে আমি এক ভাৰতীয় জাতি৷ প্ৰতিগৰাকী ভাৰতবাসীৰ মনত এই চেতনাৰ উন্মেষ
ঘটাব পাৰিলেহে
ৰক্তক্ষয়ী সংঘর্ষ বাধা দি ৰখাটো সম্ভব হ’ব। ধৰ্মৰ ভিত্তিত, আঞ্চলিকতাৰ
ভিত্তিত, ভাষাৰ ভিত্তিত, গোষ্ঠীৰ ভিত্তিত পৰিচয় দিয়াৰ মানসিকতা ত্যাগ
কৰি ভাৰতীয় হিচাপে পৰিচয় দিয়াৰ মানসিকতা সৃষ্টি কৰিব পাৰিলেহে অনৈক্যৰ মাজত
ঐক্যৰ এনাজৰীডাল কটকটীয়া কৰি ৰখা সম্ভৱ হ'ব।
মানুহ হিচাপেও আমি এটাই
জাতি——মানব জাতি। বিশ্বৰ প্ৰতিজন মানুহৰে এই পৃথিবীত বসবাস কৰাৰ অধিকাৰ আছে। এই
অধিকাৰ জন্মস্বত্ত্ব অধিকাৰ। ভাষাৰ নামত, ধৰ্মৰ নামত এই
অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। কোনো শুভবুদ্ধি সম্পন্ন লোকেই ভাষাৰ নামত, ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰাটো
সমৰ্থন নকৰে। কাৰণ ধৰ্মই মানুহ সৃষ্টি কৰা নাই——মানুহেহে ধৰ্ম সৃষ্টি
কৰিছে। ভাষাই মানুহ সৃষ্টি কৰা নাই— মানুহেহে ভাষা সৃষ্টি
কৰিছে। ধৰ্ম সৃষ্টিৰ
পূৰ্বচৰ্ত হৈছে শান্তি স্থাপন। কোনো ধৰ্মই নৰহত্যা কৰি শান্তি বিঘ্নিত কৰাৰ কথা
শিকোৱা নাই। ভাষা হৈছে মনৰ ভাব প্ৰকাশৰ মাধ্যম। ভাষা বেলেগ বেলেগ হ’লেও মনৰ
আবেগ-অনুভূতি-আশা-আকাংক্ষা কিন্তু একেই। বিশ্বৰ প্ৰতিজন মানুহৰে আশা-নিৰাশা আছে, হাঁহি কান্দোন
আছে, আবেগ-অনুভূতি
আছে। এইবোৰৰ কিন্তু অঞ্চল ভেদে বা দেশ ভেদে কোনো প্রভেদ নাই। ধৰ্মই মানুহক হিংসা
কৰিবলৈ শিকোৱা নাই- শিকাইছে ধর্মীয় গোড়ামীয়েহে। ভাষাই মানুহক বিভেদ সৃষ্টি
কৰিবলৈ শিকোৱা নাই- শিকাইছে ভাষিক সংকীর্ণতাইহে। এই বিশ্ব জগতৰ স্ৰষ্টা এজন---আমি
সকলো সেই স্ৰষ্টাৰ সন্তান। বিশ্বৰ সকলো মানুহ ভাই ভাই। আমি একেই মাটিত জন্ম গ্ৰহণ কৰিছো—একেই মাটিৰ ৰস চয়ন
কৰিছো। সকলোৰে বাবে একেই আকাশ--একেই বায়ু-পানী।
ধর্মীয় গোড়ামীয়ে
পাৰমানবিক বোমাতকৈও ধ্বংসাত্মক কার্য সম্পাদন কৰিব পাৰে। গতিকে ধৰ্মৰ নামত
খিয়লা-খিয়লি কৰি নিজৰ শান্তি নিজে বিঘ্নিত কৰাটো জীৱশ্ৰেষ্ঠ মানুহৰ কাম হ’ব নোৱাৰে। সকলো
ধৰ্মই পৰধৰ্মৰ প্ৰতি সহনশীল হ’বলৈ শিক্ষা দিছে। কোনো অৱতাৰ পুৰুষেই পৰধৰ্মক
হিংসা কৰিবলৈ শিকোৱা
নাই। শান্তক পালন আৰু দুষ্টক দমনৰ কাৰণে ধৰ্মৰ আবিৰ্ভাৱ হৈছে। হজৰত মহম্মদ(ছাঃ)ৰ
জন্মৰ বহু বছৰ পূৰ্বেই বেদত তেওঁৰ কথা উল্লেখ কৰিছে। ইয়াৰপৰা এইটো প্রমাণ হয় যে, অৱতাৰ পুৰুষসকল
বিশেষ জাতি-গোষ্ঠীৰ বাবে আবিৰ্ভাৱ হোৱা নাই। অৱতাৰ হৈছে সমগ্র মানব জাতিৰ কল্যাণৰ
হকেহে। ধর্মীয় শিক্ষা, ধর্মীয় আচৰণ বেলেগ বেলেগ হ’লেও উদ্দেশ্য
কিন্তু একেটাই – জগতৰ মংগল সাধন। ৰাম মোহন ৰায়ে তেওঁৰ পত্নী উমা দেবীক কৈছিল- যিদৰে গাই গৰুৰ
ৰঙৰ বিভিন্নতা থকা সত্ত্বেও গাখীৰৰ বৰণ একেই বগা হয়, সেইদৰে সকলো
ধৰ্মৰ সাৰমৰ্মও একেই। সেয়ে তেওঁ আমাৰ উত্তৰ পুৰুষসকলক ধৰ্মীয়
গোড়ামীৰপৰা আঁতৰাই ৰখাৰ কাৰণে ল’ৰালিৰেপৰাই সকলো ধৰ্মৰ মূলশাস্ত্ৰ, দৰ্শন আৰু মতবাদ
সম্পর্কে শিক্ষা দিয়াৰ পোষকতা কৰিছিল। অজিত কুমাৰ চক্ৰৱৰ্ত্তীয়ে ৰাম মোহন ৰায়ৰ
বিষয়ে লেখিছিল- ‘যি ধর্ম বা সমাজত সার্বজনীনতাৰ প্ৰতি লক্ষ্য
নাই সেই ধৰ্ম আৰু সমাজ সংকীৰ্ণ আৰু প্ৰাণহীন।' সেয়ে স্কুল-কলেজসমূহত
নৈতিক শিক্ষাৰ ব্যৱস্থা কৰিব পাৰিলে আমাৰ উত্তৰ পুৰুষৰ চৰিত্ৰ গঠনত সহায়ক হ'ব পাৰে।
আমাৰ দেশত ধর্মীয় বিভেদৰ
বিষবৃক্ষডাল ব্রিটিচসকলে ৰোপন কৰি থৈ গৈছে। ব্রিটিচসকলে প্রায় দুটা শতিকা আমাৰ
দেশত ৰাজত্ব কৰি গৈছে। তেওঁলোকৰ শাসনৰ মূলনীতিয়ে আছিল বিভেদ আৰু শাসন। তেওঁলোকে দেশৰ
শাসনভাৰ চম্ভালিয়ে উপলব্ধি কৰিব পাৰিছিল যে, হিন্দু-মুছলমানৰ দেশ ভাৰতবৰ্ষত
উভয় সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰিলে ভাৰতবৰ্ষত অধিককাল শাসনকার্য
চলোৱাটো সম্ভৱ নহ’ব। গতিকে তেওঁলোকে ইতিহাস বিকৃত কৰি
বিভেদৰ বীজ ৰোপনৰ প্ৰয়াস কৰিছিল। এই কার্যত আমাৰ তেতিয়াৰ বুদ্ধিজীৱীসকলক ব্যৱহাৰ
কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছিল। সেই বীজৰপৰাই জন্ম হোৱা
বৃক্ষডালেই সময়ত মহীৰূহ ৰূপ ধাৰণ কৰি ভাৰত আৰু পাকিস্থান নামৰ দুখন স্বাধীন
ৰাষ্ট্ৰৰ জন্ম দিছে।
সেই বিভেদৰ বিষবৃক্ষডাল
এতিয়াও কম-বেচি পৰিমাণে আমাৰ সমাজ জীৱন, মন-মানসিকতাত সংক্ৰিয় হৈ
আছে আৰু এচাম বিভেদকামী শক্তিয়ে ৰাজনৈতিক উদ্দেশ্য সাধনৰ কাৰণে সাৰ-পানী দি সেই
বিষবৃক্ষডাল জীয়াই ৰাখিছে। এতিয়া আমি সজাগ হ’বৰ হ’ল। দেশৰ অখণ্ডতা, সংহতি, সুৰক্ষা আৰু অৰ্থনৈতিক
উন্নয়নৰ কাৰণে সেই বিশৃক্ষডাল উভালি পেলাবৰ হ’ল। আমি উদাৰ দৃষ্টিভংগী
আৰু মানবীয় দৃষ্টিভংগীৰে এই কামত অগ্ৰসৰ হ’ব পাৰোহঁক।
মানসিক ঐক্য স্থাপনৰ
ক্ষেত্ৰত সাংস্কৃতিক যোগাযোগে মহৌষধিৰ কাম কৰে। উৎসৱ প্ৰধান দেশ ভাৰতবৰ্ষত
সাস্কৃতিক যোগাযোগৰ প্ৰবল সম্ভাৱনা আছে। ভাৰতবৰ্ষত বিভিন্ন ঋতুত বিভিন্ন উৎসৱ পালন
কৰা হয়। ইয়াৰে কিছুমান ধৰ্মীয় আৰু কিছুমান উৎসৱ ঋতু তথা কৃষি ভিত্তিক। ধর্মীয়
উৎসৱ পালনত বাধা
থাকিলেও ঋতু তথা কৃষিভিত্তিক উৎসৱসমূহ সমূহীয়া বাবে পালন কৰি আমি হিন্দু-মুছলমান
তথা বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় সাধনৰ প্ৰয়াস কৰিব পাৰো। শীতৰ শেষত বসন্ত আহে—— গছে গছে কুলি-কেতেকীয়ে
গীত জুৰে—বাটে-পথে ধূলি উৰে। তেতিয়াই আহে ৰঙৰ উৎসৱ হোলী। দেখাত ই
ধর্মীয় উৎসৱ যেন লাগিলেও প্ৰকৃতাৰ্থত ই বসন্তক আদৰাৰ উৎসৱহে। হোলীৰ পাছতে আহে
অসমীয়াৰ প্ৰাণৰো আপোন ৰঙালী বিহু- – আহে কাতি বিহু----আহে মাঘ বিহু। অজ্ঞান এন্ধাৰ
নাশি জ্ঞানৰ পোহৰ বিলোৱাৰ কাৰণে আহে দ্বীপান্বিতা। ভ্রাতৃত্বৰ বন্ধন সুদৃঢ় কৰাৰ
বাবে আহে ৰাখীবন্ধন উৎসৱ। এইবোৰ যেহেতু ঋতু নিৰ্ভৰ উৎসৱ গতিকে আমি জাতি-ধর্ম নির্বিশেষে
এইবোৰ উৎসৱ জাতীয় উৎসৱ হিচাপে স্বীকৃতি দি সমূহীয়া বাবে পালন কৰি
আমাৰ জাতীয় ঐক্য সুদৃঢ় কৰাৰ কাৰণে পদক্ষেপ ল’ব পাৰোহঁক। ইতিহাসৰ পাত
লুটিয়ালে দেখা যায় যে, আকবৰৰ ৰাজত্ব কালত হিন্দু-মুছলমান
উভয় সম্প্রদায়ে ৰাখীবন্ধন উৎসৱ পালন কৰিছিল। হিন্দুই মুছলমানৰ হাতত আৰু মুছলমানে
হিন্দুৰ হাতত ৰাখী বান্ধিছিল। মোগল সম্রাট আকবৰ, জাহাংগীৰ আৰু
ছাহজাহানে হোলী খেলিছিল বুলি জনা যায়।
আমি সাহিত্য কৰ্মৰ
জৰিয়তেও জাতীয় ঐক্য সাধনৰ কামত ব্ৰতী হ’ব পাৰোহঁক। ভাৰতীয়
সাহিত্যৰ নাম ল’বলৈ গ'লে প্ৰথমেই ৰামায়ণ আৰু মহাভাৰতৰ নাম ল’ব লাগিব। এই
মহাকাব্য দুখনৰ পাতত চিৰন্তন ভাৰতীয় মূল্যবোধ লিপিৱদ্ধ হৈ আছে। তুলসী দাসৰ ৰাম
চৰিত মানস, শংকৰ দেৱৰ কীৰ্তন, মাধৱ দেৱৰ নামঘোষা আদিও আমাৰ জাতীয় সম্পদ। জাতি-ধর্ম নির্বিশেষে এইসমূহ
গ্ৰন্থ অধ্যয়নৰ মানসিকতা সৃষ্টি কৰি আমাৰ জাতীয় ঐক্যৰ বন্ধন সুদৃঢ়
কৰাৰ কাৰণে পদক্ষেপ লোৱা যাব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ বচা বচা কিতাপসমূহ
আঞ্চলিক ভাষাসমূহলৈ অনুবাদ কৰি প্ৰত্যন্ত অঞ্চলৰ ৰীতি-নীতি-পৰম্পৰা, আচাৰ-ব্যৱহাৰ, আবেগ-অনুভূতি আদি
আদান-প্রদানৰ জৰিয়তে জাতীয় ঐক্যৰ এনাজৰীডাল কটকটীয়া কৰাৰ কাৰণে প্ৰয়াস কৰা যাব পাৰে।
নেচনেল বুক ট্রাষ্ট অফ ইণ্ডিয়াই এই ক্ষেত্ৰত সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছেই।
আমি মাথোন উদাৰ দৃষ্টিভংগীলৈ সেইসমূহ গ্রন্থ অধ্যয়নৰ
মানসিকতা গঢ়ি তুলিব লাগিব আৰু এই মানসিকতা গঢ়ি তুলিব পাৰিলে আমাৰ মানসিক ঐক্য
স্থাপন কৰা সম্ভৱ হ’ব বুলি আশা কৰিব পাৰি।
উন্নয়নমুখী কাম-কাজৰ
অসমবণ্টনেও মানুহৰ মাজত অসন্তুষ্টিৰ ভাব জগাই তোলে আৰু এই অসন্তুষ্টিয়ে এটা সময়ত
হিংসাৰ ৰূপ ধাৰণ কৰে। সেয়ে আমাৰ ৰাষ্ট্ৰযন্ত্ৰই ভাষা, ধর্ম, আঞ্চলিকতাবাদৰ
উৰ্দ্ধত থাকি ৰাজনৈতিক দুৰদৰ্শিতাৰ পৰিচয় দি সকলো মানুহৰ সমবিকাশৰ কাৰণে
সময়োপযোগী পদক্ষেপ ল’ব লাগিব। এইবোৰ সম্ভৱ কৰি তুলিব পাৰিলে ‘সমস্ত সুখিনা ভৱন্ত’ এই আদৰ্শৰ ভেটিত
ৰচিত ভাৰতীয় সংবিধানৰ মৰ্যদা ৰক্ষা কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ৰ
মনত জাতীয় চেতনা জাগ্ৰত কৰা সম্ভৱ হ’ব বুলি দৃঢ়তাৰে আশা কৰিব
পাৰি।
(জনসাধাৰণ ১৪/০২/১৫)
দাৰিদ্ৰ পীড়িত
ভাৰতীয় জনসাধাৰণ
আৰু চৰকাৰী
সাহায্য।
‘বিক্রমাদিত্য আৰু বেতাল’ কথা নামৰ এখন
গ্ৰন্থত এটি গল্প পঢ়িছিলো। বেতালে গল্পটো বিক্রমাদিত্যৰ আগত কৈছিল। গল্পটো আছিল
এনেকুৱা- চাৰিজন বিভিন্ন বৃত্তিৰ বন্ধুই এবাৰ এঠাইত ফুৰিবলৈ গৈছিল। সিহঁতৰ মাজত এজন
আছিল কাঠমিস্ত্রী, এজন স্বর্ণকাৰ, এজন ব্ৰাহ্মণ আৰু
এজন তাঁতী। সিহঁতে নানা ঠাই ভ্ৰমণ কৰি আহি এঠাইত জিৰণি ল’বলৈ বহিল।
ঠাইডোখৰত এটুকুৰা কাঠ পৰি আছিল। বিশেষ কোনো কাম নথকাত কাঠমিস্ত্রীয়ে কাঠ টুকুৰাক এটি
মানুহৰ আকৃতি দিলে। স্বর্ণকাৰ বন্ধুই মূৰ্ত্তিটোৰ নাক-কাণ ফুটা কৰি অলংকাৰ পিন্ধাই
দিলে। ফলত মূৰ্ত্তিটো এজনী ধুনীয়া ছোৱালীৰ ৰূপ
ল’লে। ধুনীয়া
ছোৱালীজনী দেখি ব্ৰাহ্মণ বন্ধুই মন্ত্ৰৰ বলত ছোৱালীজনীৰ দেহত প্ৰাণ সঞ্চাৰ কৰিলে।
নাঙঠ ধুনীয়া ছোৱালীজনী দেখি লাজ নিবাৰণৰ কাৰণে তাঁতীয়ে ছোৱালীজনীক শাড়ী পিন্ধাই দিলে।
ফলত ছোৱালীজনী এজনী ধুনীয়া গাভৰু হৈ পৰিল। ছোৱালীজনীৰ ৰূপত মোহিত হৈ চাৰিওজন বন্ধুৰ
প্ৰত্যেকেই ছোৱালীজনীক বিয়া কৰাবলৈ মন মেলিলে। কিন্তু মানুহ চাৰিজন আৰু ছোৱালী
এজনী। এতিয়া কোনেনো বিয়া কৰায়! বেতালে বিক্রমাদিত্যৰ আগত গল্পটো কৈ প্ৰশ্ন কৰিলে-
এতিয়া কোৱাচোন ৰজা, কোনে ছোৱালীজনীৰ গিৰিয়েকৰ মৰ্যদা পাব?
তেতিয়া বিক্রমাদিত্যই ক'লে- তাঁতীয়ে
ছোৱালীজনীৰ গিৰিয়েকৰ মৰ্যদা পাব।
বেতালে সুধিলে- কিয়?
তেতিয়া বিক্রমাদিত্যই
কথাটো বুজাই ক’লে- কাঠমিস্ত্ৰীজনে কাঠৰপৰা ছোৱালীৰ আকাৰ দিছে, গতিকে সি
ছোৱালীজনীৰ দেউতাকৰ মৰ্যদা পাব। অলংকাৰ পিন্ধোৱা জনে ছোৱালীজনীৰ অভিভাৱকৰ
মৰ্যদা পাব। নিৰ্জীৱ কাঠৰ মূৰ্ত্তিত প্ৰাণ প্রতিষ্ঠা কৰাজনে সৃষ্টিকৰ্ত্তাৰ মৰ্যদা
পাব আৰু কাপোৰ পিন্ধোৱাই লাজ নিবাৰণ কৰাজনে গিৰিয়েকৰ মৰ্যদা পাব।
এই গল্পটো কোৱাৰ উদ্দেশ্য
হ’ল সম্প্ৰতি অসমৰ
ৰাজনীতিত কম্বল-সূতা আৰু আঁঠুৱা বিলোৱাক লৈ যি বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে সেই সম্পর্কে কিছু
কথা ক’বলৈ। কা পোৰে মানুহৰ সভ্যতাৰ বাটত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে
ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা। যেতিয়া কাপোৰ নাছিল তেতিয়া গছৰ বাকলিৰে লাজ নিবাৰণ
কৰা হৈছিল। কাৰণ লাজ নিবাৰণৰ কাৰণে নিজৰ শৰীৰৰ বিশেষ বিশেষ অংগ ঢকাৰ প্ৰয়োজন আদিম কালৰ
মানুহেও উপলব্ধি কৰিছিল। গতিকে আমাৰ সভ্যতাৰ বাটত কাপোৰৰ আৱিষ্ক আছিল এক
গুৰুত্বপূৰ্ণ অধ্যায়। মানুহে জ্ঞান-বিজ্ঞান বাটত যিমানেই
উন্নতি নকৰক কিয় কাপোৰ আৱিষ্কাৰ নহ'লে হয়তো এতিয়ালৈকে
মানুহে পশুৰ দৰে এক অশ্লীল জীৱন অতিবাহিত কৰিব লগা হ'লহেতেন। সেয়ে
আমাৰ শাস্ত্ৰই বস্ত্ৰদানক শ্ৰেষ্ঠ দান বুলি কৈছে। কিন্তু চৰকাৰে সূতা-কম্বল বা
আঁঠুৱা বিলোৱাটো কিমানদূৰ যুক্তিসংগত এই সম্পর্কে কিছু হ’লেও চিন্তা-চৰ্চা
কৰা উচিত।
ভাৰতবৰ্ষত দৰিদ্ৰতা
ঐতিহাসিক সত্য। ব্ৰিটিছৰ উপনিৱেশিক শাসন কালত উনৈশ শতিকাৰ শেষৰ ফালে আৰু কুৰি
শতিকাৰ প্ৰথম ভাগত ভাৰতবৰ্ষত দৰিদ্ৰতাই শীৰ্ষ সীমা চুইছিলগৈ। এই দৰিদ্ৰতাৰ কাৰণ আছিল ব্ৰিটিচৰ
ভূমি আৰু শিল্পনীতি। জীৱন আৰু জীৱিকাৰ কাৰণে বিশ্বৰ সকলো জাতিয়ে কৃষিকৰ্ম
আৰু শিল্পৰ ওপৰত নিৰ্ভৰশীল। তেতিয়া ভাৰতৰ প্ৰতি চাৰিগৰাকী মানুহৰ ৩ গৰাকী মানুহ
কৃষিকৰ্মৰ লগত জড়িত আছিল। (সম্প্ৰতি আমাৰ দেশৰ ৬০ শতাংশ মানুহ কৃষিৰ লগত জড়িত।
কিন্তু প্রয়োজনীয় কৃষিশস্যৰ ক্ষেত্ৰত অৱদান মাথোন ১৮ শতাংশ।) কৃষকসকল প্ৰকৃতিৰ
ওপৰত নিৰ্ভৰশীল আছিল।
ফলত অতিবৃষ্টি বা অনাবৃষ্টিৰ কাৰণে শস্য উৎপাদন ব্যাহত হ’লে দেশত
দুৰ্ভিক্ষই দেখা দিছিল। তদুপৰি ব্ৰিটিচসকলে আফু ও কানি উৎপাদনত অধিক
গুৰুত্ব প্ৰদান কৰি উৰ্বৰ ভূমিত আফু ও কানি খেতিৰ প্ৰচলন কৰিছিল। ফলত কৃষকৰ
কৃষিভূমি সংকুচিত হৈ পৰিছিল আৰু প্ৰতিটো দহকত দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পাইছিল ৷ শিল্পৰ
লগত জড়িত মানুহৰ অৱস্থাও তথৈবচ আছিল। কাৰণ ইংল্যাণ্ডত তেতিয়া শিল্প বিপ্লৱ আৰম্ভ
হৈছিল আৰু নিজৰ দেশীয় শিল্পৰ উন্নতিৰ কাৰণে ব্ৰিটিচসকল ভাৰতীয় শিল্পৰ অৱনতি সাধনত
বদ্ধপৰিকৰ হৈছিল। তেওঁলোকে ৰেচম প্ৰস্তুতৰ ব্যৱসায়ক উৎসাহিত কৰিছিল যদিও ৰেচম
বয়ন শিল্পক নিৰুৎসাহিত কৰিছিল। ফলত দেশত বেকাৰত্বৰ সংখ্যা বৃদ্ধি পাইছিল। ইয়াৰ
ফলত ব্ৰিটিচ শাসনকালত ১৮৬০ চনৰ পৰা ১৯০০ চনলৈ ভাৰতত দহ বাৰ দুর্ভিক্ষৰ তাণ্ডৱ
সংঘটিত হৈছিল। সেই দুর্ভিক্ষৰ ফলত হাজাৰ হাজাৰ মানুহ অনাহাৰ, অপুষ্টি আৰু
বেমাৰ-আজাৰ হৈ মৃত্যুমুখত পৰিছিল। ১৮৬০ চনৰ দুর্ভিক্ষত দুই লাখ মানুহ মৃত্যুমুখত পৰিছিল। ১৮৬৬ চনত উড়িষ্যাত
হোৱা দুর্ভিক্ষত চৰকাৰে পোন্ধৰ দিন ব্যাপী অন্নদান কৰিছিল আৰু সেই দুর্ভিক্ষত উড়িষ্যাৰ
এক-তৃতীয়াংশ অর্থাৎ ১০ লাখ মানুহ মৃত্যুমুখত পৰিছিল। ১৮৬৯ চনত উত্তৰ ভাৰতত হোৱা
দুৰ্ভিক্ষত অনুমান বাৰ লাখ মানুহ মৃত্যুমুখত পৰিছিল। ১৮৭৮ চনত উত্তৰ ভাৰতত হোৱা
দুৰ্ভিক্ষত পঞ্চাশ লাখ মানুহ ধ্বংসপ্রাপ্ত হৈছিল। ১৮৯৭ চনত মাদ্রাজ,
মুম্বাই, উত্তৰ ভাৰত, বংগ আৰু
ব্ৰহ্মদেশত হোৱা দুর্ভিক্ষত ত্রিশ লাখ মানুহ ক্ষতিগ্রস্ত হৈছিল। স্বাধীনতা
প্ৰাপ্তিৰ পাছত দুৰ্ভিক্ষত মৃত্যুৰ হাৰ হ্ৰাস পাইছিল যদিও দুর্ভিক্ষৰ
হাৰ ১৯৬০ চনত অত্যধিক বৃদ্ধি পাইছিল। ১৯৫০ চনৰ পৰা ২০১০ চনলৈ দৰিদ্ৰতা হ্ৰাসৰ বাবে
চৰকাৰী আৰু বেচৰকাৰী সংস্থাবোৰেবিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। যেনে- খাদ্য আৰু
অন্যান্য প্রয়োজনীয় বস্তুৰ কাৰণে চৰকাৰী সাহায্য, বিভিন্ন ঋণদান
আঁচনি, কৃষি পদ্ধতিৰ উন্নতি আৰু অৰ্থসাহায্য প্রদান, শিক্ষা আৰু
পৰিয়াল পৰিকল্পনা, শিশু আৰু গৰ্ভৱতীক পুষ্টি যোগান ধৰাৰ বাবে
অগংনৱাদী কেন্দ্ৰ আদি। ইয়াৰ ফলত ১৯৯১ চনলৈ ভাৰতত চৰম দুর্ভিক্ষৰ তাণ্ডৱ হ্ৰাস পাইছে যদিও
ৰিজাৰ্ভ বেংকৰ ২০১২ চনৰ তথ্য অনুসৰি বৰ্তমানেও ভাৰতত ২১.৯২ শতাংশ মানুহ দৰিদ্ৰ
সীমাৰেখাৰ তলত বাস কৰি আছে। বিশ্ব স্বাস্থ্য সংস্থাই ২০১১ চনত ২০০৫
চনৰ ক্ৰয় ক্ষমতাৰ ওপৰত ভিত্তি কৰি ২৩.৬ শতাংশ ভাৰতীয় দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰে বুলি
প্ৰকাশ কৰিছিল। ২০০১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতত ৩৫.৫ শতাংশ মানুহ বেংকসেৱাৰ
সুবধিা পাইছে, ৩৫.১ শতাংশ মানুহৰ নিজা ৰেডিও আছে, ৩১.৬ শতাংশৰ টেলিভিছন, ৯.১ শতাংশৰ ফোন, ১১.৭ শতাংশৰ
স্কুটাৰ মটৰ চাইকেল, ২.৫ শতাংশৰ কাৰ জীপ, ভেনগাড়ী আৰু
৩৪.৫ শতাংশ মানুহৰ এইবোৰৰ একোৱে নাই। ভাৰতত ফোন ডেনচিটি ৭৩.৩৪ শতাংশলৈ বৃদ্ধি আৰু
দৰিদ্ৰতাৰ হাৰ ৪.৫৮ শতাংশলৈ হ্রাস পাইছে বুলি টেলি কমিউনিকেচনৰ ২০১২ চনৰ এক
তথ্যত প্ৰকাশ পাইছিল। তথাপিও ভাৰতত বৰ্তমান ৪০ লাখ ভিক্ষাৰী আছে বুলি এক তথ্যত প্রকাশ পাইছে।
ক্ষমতাৰ বাবে খোৱা-কামোৰা, ভোগবাদী মানসিকতা, দুর্নীতি, ভ্ৰষ্টাচাৰৰ ফলতে
ভাৰত বৰ্তমানেও উন্নয়নশীল ৰাষ্ট্ৰৰ তালিকাভুক্ত হৈ আছে বুলি ভবাৰ থল
আছে।
ক্ৰয় দক্ষতাৰ ওপৰত
ভিত্তি কৰি ২০১৪ চনৰ ৫ মে'ত বিশ্ব বেংকে প্ৰস্তুত কৰা এক তথ্য অনুসৰি
সমগ্ৰ বিশ্বত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা মানুহৰ সংখ্যা আছিল
৮৭২.৩ মিলিয়ন। ইয়াৰ মাজত সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭.৫ শতাংশ মানুহ বাস কৰা
ভাৰতত এই সংখ্যা আছিল ১৭৯.৬ মিলিয়ন। ২০১১ চনত ভাৰতত দৰিদ্ৰ সীমা ৰেখাৰ তলত
বাস কৰা মানুহৰ সংখ্যা আছিল ২০.৬ শতাংশ। এই তথ্য অনুসৰি ২০১৪ চনত ভাৰতৰ মুঠ জনসংখ্যাৰ ৫৮
শতাংশ মানুহৰ দৈনিক আয় আছিল ৩.১০ মার্কিন ডলাৰ। অসমৰ ক্ষেত্ৰত এই অৱস্থা আৰু
পুতৌজনক। ২০১১-১২ চনত পৰিকল্পনা আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ ১০১.২৭ লাখ
অথবা ১.০১ কোটি মানুহ অর্থাৎ ৩১.৯৮ শতাংশ মানুহ দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰি আছে। ২০১১-১২ চনৰ
‘ষ্টেট স্পেচিফিক্
প্র’ভাৰটি লাইন’ৰ তথ্য অনুসৰি অসমৰ গ্ৰাম্যাঞ্চলৰ মানুহৰ মাহিলী জনমূৰি আয় ৮২৮ টকা আৰু চহৰৰ মানুহৰ ১০০৮ টকা।
এক তথ্য অনুসৰি গ্ৰাম্যাঞ্চলত ৩৩.৮৯ শতাংশ (৯২.০৬ লাখ) আৰু চহৰাঞ্চলত ২০.৪৯ শতাংশ
(৯.২১ লাখ) মানুহ দৰিদ্ৰ সীমা ৰেখাৰ লগত বাস কৰি আছে। গৰাখহনীয়া আৰু
বানপানীৰ ফলত এই সংখ্যা বছৰে বছৰে বৃদ্ধি পাই আছে। এওঁলোকৰ কিছুসংখ্যক কৃষি শ্রমিক
আৰু অধিক সংখ্যকে দিন
মজদুৰ, ৰিক্সা, ঠেলা চালক। কাম নাপালে এওঁলোকৰ পেটত গাঁথি, টেকেলি কাতি। উন্নতিৰ
পূৰ্বচৰ্ত শিক্ষা-স্বাস্থ্যসেৱা এওঁলোকৰ কাৰণে সুদূৰপৰাহত। আমোদ-প্রমোদৰ উপকৰণৰ কথা
ভবাৰ অৱসৰ এওঁলোকে নাপায়। ৰাস্তা-ঘাটৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰে। এওঁলোক মাথোন দুবেলা
দুমুঠি ভাতৰ চিন্তাত ব্যস্ত। শীতকালি গৰম কাপোৰৰ কথা ভবাৰ এওঁলোকৰ অৱসৰ নাই।
শীতকালি শীত নিবাৰণৰ কাৰণে ফটা-চিঙা নিহালি এওঁলোকৰ সম্বল। আঁঠুৱাৰ অভাৱত ম'হৰ কামোৰৰ পৰা
ৰক্ষা পোৱাৰ কাৰণে জুই ধৰি এওঁলোকে উজাগৰি নিশা পাৰ কৰে। শীত-তাপ নিয়ন্ত্রিত কোঠালিত বহি
এইসকল মানুহৰ জীৱন-ধাৰা সম্পর্কে ধাৰণা কৰা সম্ভৱ নহয়।
যোৱাটো বিধান সভা
নিৰ্বাচনৰ সময়ত সূতা, আঁঠুৱা আৰু কম্বলৰ প্ৰাসিংগকতাৰ কথা তেতিয়াৰ
স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰপেটাৰ তৰুণ ফুকন হলত
ধুনীয়াকৈ বুজাই কৈছিল। হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাৰ লগতে সুৰ মিলাই কম্বল আৰু
আঁঠুৱাৰ প্ৰয়োজনীয়তা সম্পর্কে মই তিনিটামান বাস্তৱ অভিজ্ঞতাৰ কথা ক’ব খুজিছো। প্রথমে
ক'ব খুজিছো আঁঠুৱাৰ
কথা। কিছু বছৰ আগৰ কথা। বিশেষ কামৰ কাৰণে আমাৰ গাঁৱৰে এজন মানুহক এদিন
হাজিৰা লৈছিলো। দেখিলো, মানুহজনৰ হাত-ভৰি-মুখমণ্ডলতকিছুমান সৰু সৰু
ফুটফুটীয়া ঘাঁৰ দাগ। মানুহজনক এই বিষয়ে সোধাত সি ক’লে যে, সেইবোৰ ঘাঁ নহয়
ম'হৰ কামোৰৰ দাগহে।
কাৰণ তাৰ আঁঠুৱা নাই। পুৰণি আঁঠুৱা এখন আছিল যদিও সেয়া বৰ্তমান চিঙি উৱঁলি গৈছে।
সি হাজিৰা কৰি
পাঁচটা প্রাণী পোহপাল দিব লগা হোৱাত বহু চেষ্টা কৰিও আঁঠুৱা কিনাৰ কাৰণে টকা
গোটাৰপৰা নাই। গতিকে আঁঠুৱা নোহোৱাকৈয়ে ল'ৰা- ছোৱালীলৈ নিশা
পাৰ কৰিব লগা হৈ আছে। ক'বলৈ গ'লৈ নিশা প্রায় উজাগৰেই
পাৰ কৰি আছে।
আমাৰ গাঁৱত এজনী কেওকিছু
নথকা বৃদ্ধা আছিল। তাইৰ এটা পোহনীয়া কুকুৰ আছিল। জাৰকালি তাই সদায় কুকুৰটোৰ লগত
শুইছিল। এই বিষয়ে প্রশ্ন কৰাত তাই কৈছিল-বৰ ঠাণ্ডা। কঁথাই জাৰ নিবাৰণ কৰিব নোৱাৰে।
কুকুৰটো লগত লৈ শুলে উম লাগে আৰু টোপনি ভাল হয়।
কেই বছৰমান আগতে
কেইদিনমান খুব ঠাণ্ডা পৰিছিল। ঠাণ্ডাৰ প্ৰকোপ ইমানেই প্রবল আছিল যে স্কুল-কলেজো
বন্ধ দিব লগা হৈছিল। সিদিনা পূব দিশৰ পৰা চেঁচা বতাহ বৈ আছিল। ফলত বিশেষ
প্রয়োজন নথকা মানুহবোৰে লেপ জাপি অথবা জুইৰ উম লৈ ঘৰৰ ভিতৰতে সোমাই আছিল। মই বিশেষ কাৰণত
চহৰলৈ যাব লগা হৈছিলো। জোতা-মোজা, হাতমোজা, চোৱেটাৰ পিন্ধিও সেই শীতৰ
পৰা ৰক্ষা পোৱা কঠিন হৈ আছিল। ৰাস্তাত মানুহ-দুনুহতো দূৰৰে কথা জীৱজন্তও নাছিল।
তেনেকুৱা অৱস্থাতে মই এজন মানুহক ঠেলা ঠেলি আহি থকা দেখিলো। মানুহজনৰ কাষ পাই
দেখিলো মানুহজন
বয়সিয়াল। বয়স পঞ্চাছৰ ওপৰতহ’ব। পিন্ধোনত গামোচা। গাত গেঞ্জি আৰু চোলা। ভৰি
খালী। জাৰত ঠকঠককৈ কঁপি আছে। মানুহজনৰ অৱস্থা দেখি মোৰ চকু থৰ লাগিল। এই শীতৰ মাজত এই
অৱস্থাত! মই চাইকেলৰ পৰা নামি সুধিলো- ককাই, এই ঠাণ্ডাৰ মাজত
এনেকৈ.....?
মানুহজনে ক'লে- কি কৰিম, কোৱাচোন?পেট বৰ
নিৰ্দ্দয়। ভাতমুঠি নিদিলে শত্রুতা কৰে। গতিকে ওলাই আহিব লগা হৈছে। ৰ'দ-বৰষুণ-শীতৰ কথা চিন্তা কৰিলে
পেটত গাঁথি মাৰিম লাগিব দেখোন।
গতিকে এইসকল মানুহৰ কাৰণে
কম্বল বা আঁঠুৱাৰ প্ৰয়োজনীয়তা কিমান এই কথা মাথোন ভূক্তভোগীয়েহে উপলব্ধি কৰিব
পাৰিব। গতিকে যিসকল মানুহে সূতা, কম্বল, আঁঠুৱালৈ ৰাজনৈতিক
বিতৰ্কৰ সূচনা কৰিছে তেওঁলোকে উপৰোক্ত মানুহবোৰৰ শিক্ষা-স্বাস্থ্যসেৱাৰ কথা চিন্তা
কৰাৰ লগতে আমাৰ দেশৰ
অভিশাপ স্বৰূপ দৰিদ্ৰতা কেনেকৈ নিবাৰণ কৰা সম্ভৱ হ'ব সেই বিষয়েহে
চিন্তা কৰা উচিত। তেওঁলোকে বিতৰ্ক কৰা উচিত স্বাধীনতা প্রাপ্তিৰ সত্তৰ বছৰ পাছতো কিয়
আঁঠুৱা কম্বল বিতৰণ কৰিব লগা হৈছে।
(জনসাধাৰণ- ২৫-০২-১৬)
ইছলামিক ৰাষ্ট্ৰত
সন্ত্রাসবাদ উত্থানৰ পটভূমি
ইছলামত সন্ত্ৰাসবাদৰ
স্থান নাই যদিও উত্তৰ আৰু দক্ষিণ আফ্রিকা, আর্জেটিনা, তাজিকিস্থান, উজবেকিস্থান, ৰাছিয়া, তুর্কী, ইউৰোপৰ নানা
স্থান, ইজৰাইল, লেবানন, চৌদি আৰব, ইয়েমেন, ইজিপ্ত, কানাডা, আমেৰিকা, পেলেষ্টাইনকে আদি
কৰি কে’বাটাও ৰাষ্ট্ৰত ইছলামিক সন্ত্রাসবাদী সংগঠন কম- বেছি পৰিমাণে
সক্ৰিয় হৈ আছে যদিও ইছলামিক সন্ত্রাসবাদীৰ দ্বাৰা বিগত কে’বাটাও দহকত
আফগানিস্থান, ইৰাক, পাকিস্থান, বাংলাদেশ আৰু ভাৰতবৰ্ষই অধিক ক্ষতিগ্রস্থ হৈছে বুলি ক'ব পাৰি। ইছলামিক
সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবা, হৰকত-উল-মুজাহিদীন, টেহৰিক-ই-পাকিস্থানকে
আদি কৰি বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ আক্ৰমণৰ ফলত পাকিস্থান চৰকাৰৰ মতে পাকিস্থানত
২০০১ চনৰ ১১ চেপ্তেম্বৰৰপৰা ২০১১ চনৰ মে’ মাহলৈকে ৩৫০০০ জন লোকৰ
মৃত্যু হৈছে আৰু আল-কায়দাকে ধৰি বিভিন্ন সংগঠন দমনৰ নামত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে
চৰকাৰৰ খৰচ হৈছে ৬৮ বিলিয়ন ডলাৰ। বাংলাদেশত জামাতুল মুজাহিদীন, হৰকত-উল-জিহাদ আল
ইছলামী, জাদিদ আল-কায়দাকে ধৰি কে’বাটাও ইছলামিক সন্ত্রাসবাদী সংগঠন সক্ৰিয় হৈ আছে।
২০০৫ চনৰ ১৮ আগষ্টত জামাতুল মুজাহিদীনে এদিনতে ৬০ খন জিলাৰ ৬২ খন ঠাইত বোমা
বিস্ফোৰণ সংঘটিত কৰিছিল। ইয়াৰ পৰা এই সংগঠনটোৰ শক্তি তথা নৃশংসতাৰ কথা অনুমান
কৰিব পাৰি। সম্প্রতি ইৰাক আৰু ছিৰিয়াত ইছলামিক ষ্টেট অফ ইৰাক এণ্ড ছিৰিয়া (আই, এছ, আই, এছ) নামৰ
সংগঠনটোৱে আতংকৰ সৃষ্টি কৰি আছে। সংগঠনটোৱে মার্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ
সাংবাদিকসকলক পণবন্দী কৰাৰ পাছত শিৰচ্ছেদৰ দৰে ঘটনা সংঘটিত কৰি সভ্য সমাজক
আতংকিত কৰি তুলিছে। সম্প্ৰতি আল-কায়দাৰ দৰে আইএছআইএছকো সমূলঞ্চে ধ্বংস কৰাৰ সংকল্প লৈ
মার্কিন যুক্তৰাষ্ট্ৰই আন চল্লিশখন দেশৰ সহযোগত সংগঠনটোৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ
কৰি তুলিছে। এই আক্ৰমণৰ ক্ষেত্ৰত ছৌদি আৰবৰ প্রথম মহিলা পাইলট মৰিয়ম মানচৌৰিয়ে বিমান
আক্ৰমণৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰি আছে। মার্কিন প্রশাসনে অহা তিনি বছৰৰ
ভিতৰত এই সন্ত্রাসবাদী
সংগঠনটো সমূলঞ্চে নির্মূল কৰাৰ বাবে সিদ্ধান্ত লৈছে বুলি বিভিন্ন সংবাদ মাধ্যমত
প্রকাশ পাইছে।
ভাৰতবৰ্ষতো লস্কৰ-ই-তৈবা, লস্কৰ-ই-ওমৰ, ইণ্ডিয়ান
মুজাহিদীন, ষ্টুডেণ্ট অফ ইছলামিক মুভমেণ্টকে ধৰি কে’বাটাও ইছলামিক সংগঠন
সক্ৰিয় হৈ আছে। ইণ্ডিয়ান মুজাহিদীনে ১৯৭১ চনত ইণ্ডিয়ান এয়াৰ লাইনচৰ ৮১৪ বিমানখন অপহৰণ
কৰাৰ পাছৰ পৰা বিভিন্ন ইছলামিক সংগঠনে ১৯৯৩ আৰু ২০০৮ চনৰ মুম্বাই
আক্রমণ, ২০০৫ চনৰ সংসদ ভৱন আক্রমণ, ২০১৩ চনৰ পাটনা আক্ৰমণকে আদি কৰি ৩২ টা আক্রমণ
সংঘটিত কৰিছে। ইয়াৰ ফলত ১৬০০ জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ২৮০০ জন
নাগৰিক আহত হৈছে। কাশ্মীৰতো মৌলবাদী সংগঠনবোৰে বিগত কে’বাটাও দহক ধৰি হত্যা আৰু
সন্ত্রাসেৰে আতংকময় পৰিস্থিতি সৃষ্টি কৰি ৰাখিছে। সম্প্ৰতি আল-কায়দা আৰু
আইএছআইএছৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠন দুটাই ভাৰতত খোপনি
পোতাৰ কথা পোহৰলৈ অহাৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রণালয় তথা দেশৰ সৰ্বত্ৰ জোকাৰণি
সৃষ্টি কৰিছে।
চলিত বৰ্ষত চুবুৰীয়া
ৰাজ্য পশ্চিম বংগৰ বৰ্দ্ধমান বোমা বিস্ফোৰণত আল-কায়দা জড়িত থকাৰ কথা পোহৰলৈ অহাৰ
পাছত অসমৰ সংখ্যালঘু অধ্যুষিত বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰপৰা ছজন
আৰু পাছত পুনৰ ধুবুৰীৰপৰা তিনিজনকৈ মানুহক আল-কায়দাৰ লিংকমেন সন্দেহত আটক কৰা হৈছে। এই ঘটনাই
বিভিন্ন উগ্রপন্থী সংগঠনৰ বিচৰণস্থলী অসমৰ সৰ্বত্র স্বাভাৱিকতে আতংকময় পৰিৱেশ
বিৰাজ কৰি আছে। ইছলামিক সন্ত্রাসবাদী সংগঠনে চলাই থকা এই সন্ত্রাসী কার্যকলাপে মাথোন
ইছলামিক আদৰ্শৰে মৰ্যদা হানি কৰা নাই, সমগ্র মুছলমান
সম্প্রদায়কে অন্যান্য জাতি-গোষ্ঠীৰ আগত লজ্জানত কৰিছে।
এটা কথা লক্ষণীয় যে, ইছলাম পূৰ্ব আৰব
সমাজ নানা কুসংস্কাৰ, অন্ধবিশ্বাসৰ পংকিল আৱৰ্তত নিমজ্জিত হৈ থাকিলেও
ইছলামৰ আবিৰ্ভাৱৰ কিছুকাল পাছতে সমগ্র বিশ্বত আৰবসকলৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি পাইছিল আৰু
ৰাজনৈতিক প্রভাৱৰ লগে লগে ইছলামৰ সাংস্কৃতিক প্রভাৱো বিশ্বৰ বিভিন্ন অঞ্চলত
বিয়পি পৰিছিল। ধর্মীয় অনুশাসন মানি চলাৰ সমান্তৰালভাবে আৰবসকলে এটা সময়ত
বিজ্ঞান-প্রযুক্তিৰ বিকাশৰ প্ৰতিও মনোনিৱেশ কৰিছিল। তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিবলৈ বিভিন্ন
দেশলৈ গৈ শিল্প-সংস্কৃতিও আদান-প্রদান কৰিছিল। আৰবসকলে চীনদেশৰ পৰা দিকদর্শন
যন্ত্র, কাগজ আৰু বাৰূদ শিল্পৰ ব্যৱহাৰ ইউৰোপলৈ লৈ গৈছিল। নৌ আৰু সামৰিক বিদ্যাতো আৰবসকল
পাৰদৰ্শী আছিল। তেতিয়াৰ আৰব সমাজত জ্যোতির্বিদ্যা চর্চাও প্ৰচলিত
আছিল বুলি জনা যায়। ৭০০ খ্ৰীষ্টাব্দত দামাস্কাচ জ্ঞান-বিজ্ঞানৰ কেন্দ্ৰস্থল আছিল।
৭৪০ খ্রীষ্টাব্দত মুছলমানসকলৰ আব্বাচীয়সকলে দামাস্কাচ অধিকাৰ
কৰাৰ পাছত বাগদাদলৈ ৰাজধানী স্থানান্তৰ কৰি বাগদাদত দামাস্কাচতকৈও ডাঙৰ
জ্ঞান-বিজ্ঞান চৰ্চাৰ কেন্দ্ৰ স্থাপন কৰিছিল। সম্প্রতি খাৰুৱা তেলেৰে
সমৃদ্ধ মধ্য-প্রাচ্যৰ আৰব সমাজ হঠাৎ সন্ত্রাসবাদৰ প্ৰতি ঢাল খোৱাৰ কাৰণ কি? নিৰপেক্ষ
দৃষ্টিভংগীৰে বিচাৰ কৰিলে তলত দিয়া কাৰ্কসমূহকে মূলতঃ ইয়াৰ বাবে দায়ী কৰিব পাৰি
(১) ধর্মীয় শিক্ষাৰ
সমান্তৰালভাবে আধুনিক তথ্য-প্রযুক্তিৰ প্ৰতি সময়োপযোগী পর্যাপ্ত গুৰুত্ব নিদিয়াৰ
ফলত মুছলমানসকল অর্থনৈতিক আৰু বৌদ্ধিকভাবে পিছপৰি থকা বুলি ক’ব পাৰি। কাৰণ
বিশ্বৰ ৫৭ খন ইছলামিক ৰাষ্ট্ৰই বাজেটৰ মাথোন ০.৮৯ শতাংশ ধনহে বিজ্ঞান-প্ৰযুক্তিৰ
নামত খৰচ কৰে। আনহাতে আমেৰিকাই বাজেটৰ ২.৯ শতাংশ আৰু
ইজৰাইলে ৪.৪ শতাংশ ধন খৰচ কৰে। সমগ্ৰ বিশ্বৰ ৫৭ খন ইছলামিক ৰাষ্ট্ৰত ১২০ কোটী মানুহৰ কাৰণে
বিশ্ববিদ্যালয়, গৱেষণামূলক কেন্দ্ৰ, ইঞ্জিনিয়াৰিং, মেডিকেল কলেজকে
আদি কৰি মাথোন ৫০০ খন উচ্চশিক্ষাৰ অনুষ্ঠান আছে। পক্ষান্তৰে ৩২ কোটী
মানুহৰ দেশ আমেৰিকাত আছে ৮০০০খন উচ্চশিক্ষাৰ অনুষ্ঠান। ১২০ কোটী মানুহৰ মাজৰপৰা
আৰবৰ আনোৱাৰ ধাদাচ(১৯৭৮), পাকিস্থানৰ আব্দুছ ছালাম(১৯৭৯), বাংলাদেশৰ মহম্মদ
ইউছুফ (২০০৬) আৰু পাকিস্থানৰ মালালা ইউছুফজাইকে আদি কৰি ২০১৫ চনলৈ মাথোন ১২ জন মুছলমানেহে
নোবেল বঁটা পাবলৈ সক্ষম হৈছে।
(২) মুছলিম প্রধান দেশ
ছোমালিয়া, কংগো, নাইজেৰিয়া, মোজাম্বিক, চাঁদ, মালি, আফগানিস্থান, ছুদান আদি বিশ্বৰ অনুন্নত দেশসমূহৰ তালিকাত একেবাৰে তলত
অৱস্থান কৰি আছে। বাংলাদেশ আৰু পাকিস্থানৰ স্থান ক্ৰমে প্রথম এশখন দেশৰ ভিতৰত
সত্তৰ আৰু আশীৰ মাজত ৰৈ আছে। কাৰণ ধৰ্ম আৰু গোষ্টীৰ নামত চলি থকা গৃহযুদ্ধ আৰু
সন্ত্রাসী কার্যকলাপৰ ফলত এই সমূহ দেশ বহুদিনৰ পৰা অস্থিৰ হৈ আছে। উদাহৰণ স্বৰূপে-
(ক) ১৯৮০ চনৰ চেপ্তেম্বৰৰ
পৰা ১৯৮৮ চনৰ আগষ্ট মাহলৈ সীমান্ত সমস্যা লৈ ইৰাক আৰু ইৰানৰ মাজত যুদ্ধ চলিছে। (খ)
আফগানিস্থানত ১৯৭৭ চনৰ পৰা বৰ্তমানলৈ
(গ) ইথিওপিয়াত ১৯৭৭ চনৰ
পৰা বৰ্তমানলৈ
(ঘ) ছুদানত ১৯৭১ চনৰ পৰা
বৰ্তমানলৈ
(ঙ) কম্বোডিয়াত ১৯৬৭ চনৰ
পৰা ১৯৯৮ চনলৈ
(চ) ছোমালিয়াত ১৯৭৮ চনৰ
পৰা বৰ্তমানলৈ গৃহযুদ্ধ চলি আছে। এই গৃহযুদ্ধৰ ফলত পর্যাপ্ত খনিজাত আৰু বনজাত
সম্পদ থকা সত্ত্বেও এইবোৰ দেশ শৈক্ষিক আৰু অৰ্থনৈতিকভাবে পিছ পৰি আছে।
(৩) ছিয়া আৰু ছুন্নীৰ
নামত একে ইছলাম ধৰ্মী লোকৰ মাজত বহু যুগৰ পৰা মতভেদ চলি আছে। বিশ্বৰ ৫৭ খন মুছলিম
ৰাষ্ট্ৰৰ ভিতৰত মাথোন ইৰান, ইৰাক, বাহৰেইন আৰু
আজাব্বাইজানহে ছিয়া প্রধান ৰাষ্ট্ৰ। বিশ্বৰ বাকীবোৰ মুছলিম ৰাষ্ট্ৰত ছিয়াসকল
সংখ্যালঘু। গড়ে ১০ ৰ পৰা ২০ শতাংশৰ ভিতৰত। সংখ্যালঘু হোৱাৰ কাৰণে বহু যুগৰ পৰা
সংখ্যাগুৰু ছুন্নীসকলে ছিয়াসকলৰ ওপৰত নানা ধৰণে আতিশয্য চলাই আহিছে। ছুন্নী
মতাৱলম্বী ছাদ্দাম হুছেইন ছিয়া প্রধান ইৰাকত ১৯৭৩ চনৰ পৰা ২০০৩ চনলৈ শাসন চলাইছিল আৰু
তেওঁৰ শাসন কালত ছিয়াসকলৰ ওপৰত নানা ধৰণে নির্যাতন চলাইছিল বুলি জনা
যায়। তেওঁৰ পতনৰ কাৰণে আমেৰিকাক জগৰীয়া কৰা হয় যদিও এই ক্ষেত্ৰত ছিয়াসকলৰ
অৱদানেই মূলতঃ অধিক দায়ী আছিল বুলি ক'ব পাৰি । ছিয়া-ছুন্নীৰ
মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত পাকিস্থানত ২০০৭ চনৰ পৰা ২০১০ চনলৈ ১৫০০ জন নাগৰিকৰ
মৃত্যু হৈছে বুলি এক তথ্যত প্ৰকাশ পাইছে। মুজাহিদীনৰ নামতো পাকিস্থানত মাজে-সময়ে
সংঘৰ্ষ লগাৰ কথা পোহৰলৈ অহা দেখা যায়।
মুছলিম ৰাষ্ট্ৰসমূহত
সংঘটিত হৈ থকা গৃহযুদ্ধৰ লগতে শৈক্ষিক তথা প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত পিছপৰি থকাৰ
কাৰণেই আমেৰিকাৰ দৰে উন্নত দেশবোৰে আৰব ৰাষ্ট্ৰসমূহত খোপনি পুতিবলৈ সক্ষম
হৈছে বুলি ক'ব পাৰি। আফগানিস্থান আৰু ইৰাক ইয়াৰ উৎকৃষ্ট উদাহৰণ। কিন্তু ৰোগৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি
সময়োচিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে হতাশাগ্রস্ত এচাম লোকে সন্ত্রাসবাদৰ
জৰিয়তে হৃদ গৌৰৱ পুনৰ উদ্ধাৰৰ বাবে অগ্ৰসৰ হৈছে। এওঁলোকৰ এই কার্যকলাপে নৰহত্যাৰ পৰিপন্থী
আৰু বিশ্বভ্রাতৃত্বত বিশ্বাসী ইছলামিক আদৰ্শৰ মূৰত কুঠাৰাঘাত কৰাৰ লগতে বিশ্বৰ
সমগ্ৰ মুছলিমসমাজক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে। শ্বাহৰুখ খানৰ দৰে বিখ্যাত জনপ্রিয়
অভিনেতাক আমেৰিকাত ‘ভিছা’ পৰীক্ষাৰ নামত কে’বা ঘণ্টালৈকে
বহুৱাই ৰখাটোৱে এই কথাকে
প্রমাণ কৰা নাইনে বাৰু?
আমাৰ ভাৰতবৰ্ষৰ মুছলমানৰ
অনগ্ৰসৰতাৰ কাৰণ অলপ ভিন্ন প্ৰকৃতিৰ। এই সন্দৰ্ভত অভিজাত মুছলমানৰ হঠকাৰি
সিদ্ধান্তই মূলতঃ দায়ী বুলি ক’ব পাৰি। দেখাত ইছলামিক আদৰ্শই কোনো ধৰণৰ বৰ্ণবাদ
বা জাতিভেদ সমৰ্থন নকৰে আৰু এজন মুছলমান আন এজন মুছলমানৰ ভাই বুলি দাবী কৰে। আনহাতে ইছলামে
জন্মৰ দাবীও স্বীকাৰ নকৰে, কৰ্মৰ দাবীহে স্বীকাৰ কৰে। কিন্তু
বুৰঞ্জীবিদসকলে ভাৰতীয় মুছলমান সমাজ ১৮ টা ভাগত বিভক্ত থকাৰ কথা উল্লেখ
কৰিছে। ইয়াৰ তিনিটা মূল ভাগ হৈছে- (১) আশ্বৰাফ বা শ্বৰীফ। এইসকল উচ্চ বংশজাত
মুছলমান। এওঁলোকৰ গৰিষ্ঠ সংখ্যক মুছলমান বিদেশৰ পৰা প্ৰব্ৰজিত। ইয়াৰে কিছু
সংখ্যক উচ্চ চাকৰি বা পদবীৰ আশাত অভিজাত হিন্দুৰ পৰা ধর্মান্তৰিত মুছলমান। ছৈয়দ, শ্বেইখ, মির্জাসকল এই
শ্ৰেণীৰ মুছলমান। (২) আযলাফ বা অট্টাফ। এওঁলোক নিন্মশ্ৰেণীৰ হিন্দুৰ পৰা
ধর্মান্তৰিত মুছলমান। অট্টাফসকল আকৌ চাৰিটা ভাগত বিভক্ত। (৩) আৰ্জল- পতিত হিন্দুৰপৰা
ধৰ্মান্তৰিত মুছলমান। ইতিহাসবিসকলৰ মতে ভাৰতবৰ্ষৰ ৮৭ শতাংশ মুছলমান ধর্মান্তৰিত
মুছলমান। স্বাধীনতাৰ আগত ধর্মান্তৰিত মুছলমানৰ লগত অভিজাত মুছলমানৰ সম্বন্ধ খুব মসৃণ
নাছিল আৰু অভিজাত মুছলমানসকলে ধর্মান্তৰিত মুছলমানক অৱজ্ঞাৰ দৃষ্টিৰে
দেখিছিল।
আশ্বৰাফসকল ভাৰতৰ মুঠ
মুছলমান জনসংখ্যাৰ মাথোন ১৪.১ শতাংশ আছিল যদিও তেওঁলোকেই সমগ্ৰ ভাৰতীয় মুছলিম
সম্প্ৰদায়ক প্রতিনিধিত্ব কৰিছিল। আশ্বৰাসকলৰ অধিকাংশই যেহেতু আৰব, ইৰান, ইৰাকৰপৰা
প্ৰব্ৰজন কৰি অহা মুছলমান আছিল গতিকে তেওঁলোকে আৰবীয় সভ্যতা- সংস্কৃতিৰ পোষকতা
কৰিছিল আৰু ভাৰতীয় ধর্মান্তৰিত ৮৭ শতাংশ মুছলমানকো সেই অনুপাতে গঢ় দিবলৈ চেষ্টা
কৰিছিল। সেয়ে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আৰবী, উর্দূ আৰু পাৰ্চী
ভাষাৰ পোষকতা কৰিছিল। এই ভাষানীতিৰ ফলত ভাৰতীয় ধর্মান্তৰিত মুছলমান ছাত্রই একেলগে
পাঁচটা ভাষা শিকিব লগা হৈছিল। আৰবী আৰু পাৰ্চী ধৰ্মৰ কাৰণে, উর্দূ মৰ্যদা
ৰক্ষাৰ কাৰণে আৰু নিজ নিজ অঞ্চলৰ মাতৃভাষা আৰু ইংৰাজী চাকৰি-বাকৰিত নিয়োগৰ কাৰণে। একেলগে
পাঁচটা ভাষা শিকিব লগা হোৱাত মুছলমান ছাত্রই কোনো এটা বিষয়তে পূর্ণ দক্ষতা অর্জন
কৰিব পৰা নাছিল। ফলত সিহঁত শিক্ষাৰ ক্ষেত্ৰত পিছপৰি গৈছিল। পক্ষান্তৰে হিন্দুসকলে
মাথোন দুটা ভাষাহে শিকিব লগা হৈছিল। নিজ নিজ অঞ্চলৰ মাতৃভাষা আৰু ইংৰাজী। ফলত
শিক্ষাৰ ক্ষেত্ৰত হিন্দুসকল দোপত-দোপে আগবাঢ়ি গৈছিল আৰু চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্যৰ
ক্ষেত্ৰত আগভাগ ল’বলৈ সক্ষম হৈছিল। অৱশ্যে এই ক্ষেত্ৰত
উত্তৰ-পশ্চিম সীমান্ত আৰু অযোধ্যাৰ অভিজাত মুছলমানসকল ব্যতিক্রম আছিল। মাতৃভাষা
উর্দু আৰু পাৰ্চী হোৱাৰ কাৰণে তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত
হিন্দুতকৈও আগবঢ়া আছিল। আদালতৰ ভাষা উর্দু আৰু পাৰ্চী হোৱাৰ কাৰণে চাকৰি-বাকৰিৰ
ক্ষেত্ৰতো তেওঁলোক বিশেষভাবে লাভবান হৈছিল।
বংগৰ বাংলাভাষী
ধর্মান্তৰিত মুছলমানসকলো এই ভাষানীতিৰ চিকাৰ হ’ব লগা হৈছিল। তেতিয়াৰ
বাঙালী মুছলমানৰ পদপ্ৰদৰ্শক আছিল ছৈয়দ আমিৰ আলি আৰু আব্দুল লতিফ। আব্দুল লতিফ অভিজাত
নাছিল যদিও আমিৰ আলিৰ লগত লগ লাগি আশ্বৰাফসকলৰ ভাষানীতিৰ আধাৰতে বংগৰ ধর্মান্তৰিত
সংখ্যাগুৰু মুছলমানৰ মাতৃভাষা বাংলাক আওকাণ কৰি আৰবী, উর্দু আৰু পাৰ্চী
ভাষাত শিক্ষা গ্ৰহণৰ কাৰণে উৎসাহিত কৰিছিল। ফলত অর্থনৈতিকভাবে
অনগ্ৰসৰ ধৰ্মান্তৰিত বাঙালী মুছলমানসকলে শিক্ষাগ্ৰহণৰ প্ৰতি বিশেষ আগ্রহ দেখুৱা
নাছিল। আৰ্থিক আৰু ভাষিক বাধা নেওচি দুই- চাৰিজন বিদ্যুৎসাহী ছাত্ৰই শিক্ষা গ্ৰহণৰ কাৰণে
আগবাঢ়ি গৈছিল যদিও ভাষানীতিৰ ফলত শিক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন
কৰিব পৰা নাছিল ।
ফলত বহুতে অকালতে
বিদ্যালয় ত্যাগ কৰিব লগা হৈছিল৷ এইদৰে ধৰ্মান্তৰিত মুছলমানসকল শিক্ষাৰ ক্ষেত্ৰত
পিছপৰি গৈছিল। শিক্ষাৰ ক্ষেত্ৰত পিছপৰি যোৱাৰ লগে লগে
চাকৰি বাকৰি, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো পিছপৰি গৈছিল আৰু অৰ্থনৈতিকভাবে কোঙা হৈ পৰিছিল।
ফলত আর্থিকভাবে দুর্বল ধর্মান্তৰিত মুছলমানৰ এটা চাম ব্ৰিটিছৰ
পৃষ্ঠপোষকতাত ভাগ্যৰ সন্ধানত অসমলৈ উঠি আহিব লগা হৈছিল।
দেশ স্বাধীন হোৱাৰ পাছতো
একাংশ মুছলমানে আশ্বৰাসকলৰ সেই শিক্ষানীতিৰ আধাৰেত গাঁৱে-ভূঁৱে মাদ্ৰাছা স্থাপন
কৰি আৰবী, উর্দূৰ দ্বাৰা ধৰ্মীয় শিক্ষা অব্যাহত ৰাখিছে আৰু ভাৰতবৰ্ষত সম্প্ৰতি
সৰু-বৰ ৪০,০০০ খন মাদ্রাছা আছে। এই মাদ্রাছাসমূহৰ কিছু সংখ্যকত আৰবী সাহিত্য, ব্যাকৰণ, তফছিৰ, শ্বৰিয়াহ, ইছলামিক দৰ্শন
আৰু আৰবৰ ইতিহাস শিক্ষা দিয়াৰ লগতে আধুনিক তথ্য-প্রযুক্তিৰ শিক্ষা প্ৰদানৰ
ব্যৱস্থা আছে যদিও কিছু সংখ্যকত আকৌ একমাত্ৰ ধৰ্মীয় আৰু আৰবীয় সংস্কৃতিৰহে
শিক্ষা প্ৰদান কৰা হয়। ফলত এই তথ্য-প্রযুক্তিৰ উত্তৰণৰ যুগতো বহুতো মুছলমান
ছাত্রই আধুনিক তথা জ্ঞান-বিজ্ঞানৰ জগতৰ পৰা বহু যোজন দূৰত্বত অৱস্থান কৰিব লগা হৈছে। আধুনিক
শিক্ষাৰপৰা বঞ্চিত এইসকল ছাত্ৰই শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত কিছু সংখ্যকে
জীৱিকাৰ তাগিদাত দেউতাকৰ বৃত্তিৰ লগত জড়িত হৈ পৰে আৰু কিছু সংখ্যকে আকৌ তাক্ৰীয়া
দৰমহাত মাদ্রাছাসমূহত শিক্ষাদান
কার্যত ব্ৰতী হয়।
অসমতো সম্প্ৰতি
আশ্বৰাসকলৰ সেই শিক্ষীনীতি অব্যাহত আছে। অসমত সম্প্রতি ৭০৭ খন মাদ্রাছা, ৫২৪ খন
প্রি-ছিনিয়ৰ, ১৬৪ খন ছিনিয়ৰ, ১৪ খন টাইটেল মাদ্ৰাছাৰ লগতে ৫ খন এৰাবিক কলেজ
আছে। অৱশ্যে কিছু হ’লেও শুভলক্ষণ যে, এইবোৰ মাদ্ৰাছা
বা কলেজত ইছলামিক দৰ্শনৰ লগতে আধুনিক শিক্ষা প্ৰদানৰো ব্যৱস্থা আছে।
কিন্তু গাঁৱে-ভূঁৱে এনে কিছুমান মাদ্ৰাছা আছে, য’ত ৫ ৰপৰা ১২ বছৰ
বয়সৰ ল'ৰা-ছোৱালীক মাথোন আৰবী ভাষা আৰু ইছলামিক আদৰ্শৰহে শিক্ষা প্ৰদান
কৰা হয়। এইসকল ল’ৰা-ছোৱালীৰ বহুতে ৰাতিপুৱা ৭ বজাৰপৰা ৯ বজালৈকে
মক্তৱত পাঠ গ্রহণ
কৰে আৰু ১০ বজাৰ পৰা
চৰকাৰী বিদ্যালয়ত আধুনিক শিক্ষা গ্ৰহণ কৰে। ৰাতিপুৱাৰ সময়খিনি মক্তৱত কটাব লগা
হোৱাত বহুতে গুণগত শিক্ষা গ্রহণত ব্যর্থ হয়। ফলত অকালতে বিদ্যালয় ত্যাগ কৰি
উপার্জনক্ষম হোৱাৰ আগতেই অতি কম বয়সত বিয়া-বাৰু কৰাই সাংসাৰিক জীৱনত প্ৰৱেশ কৰে। এইদৰে মুছলিম
সমাজত বাল্য-বিবাহৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে আৰু বাল্য-বিবাহেই মুছলিম সমাজক পংগু
কৰি ৰাখিছে বুলি ক’লে হয়তো বঢ়াই কোৱা নহ’ব। মুছলমান সমাজক
প্রতিনিধিত্ব কৰা আলিম সমাজে বাল্য বিবাহ ৰোধৰ বাবে বিশেষ মাত মাতা দেখা নাযায়।
এইবোৰ তথ্যৰ জৰিয়তে মই ধর্মীয় শিক্ষাৰ বিৰোধিতা কৰিব বিচৰা নাই অথবা
মক্তৱত সন্ত্রাসবাদৰ শিক্ষা প্ৰদান কৰা হয় বুলিও ক'ব বিচৰা নাই।
ধৰ্মীয় শিক্ষাৰ লগতে মক্তৱসমূহত যাতে আধুনিক শিক্ষা প্রদানৰো ব্যৱস্থা কৰা হয়
তাকেহে ক'ব বিচাৰিছো। যাতে বেলেগ ধৰ্মাৱলম্বীলোকে মক্তৱৰ ফালে আঙুলি টোঁৱাব নোৱাৰে।
আনহাতে আধুনিক
বিজ্ঞান-প্রযুক্তিৰ যুগত বিশ্বৰ অন্যান্য জাতিৰ লগত খোজত খোজ মিলাই চলিবলৈ হ’লে আধুনিক
শিক্ষাৰ বিকল্প নাই। সেয়েহে মাদ্ৰাছা এখন স্থাপনৰ ক্ষেত্ৰত যিমান উৎসাহ
উদ্দীপনা প্ৰদৰ্শন কৰা হয় আধুনিক শিক্ষাৰ অনুষ্ঠান প্রতিষ্ঠাৰ ক্ষেত্ৰতো সিমানে
উৎসাহ প্ৰদৰ্শন কৰাৰ প্রয়োজন আছে।
ভাৰত আমাৰ স্বদেশ ভূমি।
স্বদেশৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ভাষা-সংস্কৃতি, ধৰ্মৰ বিষয়ে
জ্ঞান আহৰণ কৰাটো প্রয়োজন। কাৰণ জীৱনে-মৰণে
আমি এইখন দেশতে বসবাস
কৰিব লাগিব। এজন মুছলমান আন এজন মুছলমানৰ ভাই বুলি কোৱা হয় যদিও সেয়া আবেগতহে
কোৱা হয়, বাস্তৱত ইয়াৰ কোনো মূল্য বিচাৰি পোৱা নাযায়। কাৰণ বিশ্বত ৫৭ খন মুছলিম ৰাষ্ট্ৰ আছে।
ইয়াৰে একমাত্র মালয়েছিয়া আৰু তুৰস্কৰ বাহিৰে বেলেগ কোনো ৰাষ্টই ভাৰতীয়
উপ-মহাদেশৰ মুছলমানক নাগৰিকত্ব প্রদান নকৰে, যদিও এজন মুছলমান আন এজন
মুছলমানৰ ভাই হিচাপে নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত বাধা থাকিব
নালাগিছিল। এনেকি যিখন ৰাষ্ট্ৰৰ ধৰ্ম-সংস্কৃতিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ সেইখন দেশ
আৰবতো নহয়। গতিকে আমি ধৰ্মৰ ক্ষেত্ৰত আৰবৰ প্ৰতিনিধিত্ব মানি ল’লেও আৰবৰ
সংস্কৃতি, পৰম্পৰা মানি লোৱাৰ কোনো যুক্তি নাই। সেয়ে ধৰ্মৰ ফালৰপৰা আমি ইছলামিক
ৰাষ্ট্ৰক সমৰ্থন কৰিলেও তেওঁলোকৰ আবেগক প্রশ্রয় দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। কাৰণ সন্ত্রাসবাদ
আবেগৰ দ্বাৰা পৰিচালিত হৈ আছে।
ইছলামত দেশপ্রেমক ঈমানৰ
অংগ বুলি কোৱা হয়। সেয়ে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নাই। গতিকে
সম্প্রতি যদি কোনো মুছলমান আবেগৰ দ্বাৰা পৰিচালিত হৈ দেশৰ অখণ্ডতাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰিছে, তেনেহ'লে দেশৰ অখণ্ডতা
ৰক্ষাৰ স্বাৰ্থত সেইসকল মুছলমানক সজাগ কৰাৰ দায়িত্ব আধুনিক শিক্ষাৰে শিক্ষিত
মুছলমানসকলেই ল’ব লাগিব আৰু যদি কোনো অঞ্চলত কোনো সন্ত্রাসবাদী আছে তেনেহ'লে স্বতঃস্ফূর্তভাবে সেইসকলৰ বিৰুদ্ধে
মাৰ বান্ধি থিয় দিব লাগিব। এয়া সম্প্রতি সময়ৰ আহ্বান।
(জনসাধাৰণ- ২০
অক্টোবৰ/২০১৪)
প্রসংগঃ হিন্দু
বাংলাদেশীৰ নাগৰিকত্ব
সম্প্রতি বিজিপি
নেতৃত্বাধীন এনডিএ চৰকাৰে এক অধিসূচনাযোগে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ পাকিস্থান আৰু বাংলাদেশৰপৰা
প্ৰব্ৰজন কৰি অহা হিন্দু, বৌদ্ধ, শিখ, পাৰ্চীকে আদি কৰি অমুছলমান শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে যি
সিদ্ধান্ত গ্ৰহণ কৰিছে এই প্ৰসংগত অসমত মিশ্রিত প্রতিক্রিয়া
সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অগপ, আছু, কৃষক মুক্তি সংগ্রাম
সমিতি, যুৱ ছাত্ৰ পৰিষদ, টাই-আহোম-মটক-মৰাণ ছাত্ৰসন্থা, আমছুকে আদি কৰি বিভিন্ন
সংগঠনে এই অধিসূচনাৰ বিৰোধিতা কৰাৰ বিপৰীতে বাংলাভাষী হিন্দুসকলে এই অধিসূচনাক
আদৰণি জনাই সমদল উলিয়াইছে। এনেকি বাঙালী হিন্দুসকলে অসমীয়া মুর্দাবাদ ধ্বনি
দিবলৈকো কুণ্ঠাবোধ কৰা নাই। বাংলাভাষী হিন্দুৰ এই মানসিকতাই অন্যান্য জনগোষ্ঠীক
স্বাভাৱিকতে অধিক শংকিত কৰি তুলিছে।
অসমত ভাষাৰ গুৰুত্ব
অপৰিসীম। চিৰ চেনেহী মোৰ ভাষা জননী। অসমীয়াভাষীসকলে অসমীয়া ভাষাক মাতৃৰ মৰ্যদা
প্ৰদান কৰিছে। সেয়ে অসমীয়াভাষী মানুহবিলাক ভাষাৰ ক্ষেত্ৰত বহুকাল
আগৰ পৰাই সজাগ আৰু ভাষাৰ প্ৰসংগ লৈ ইতিমধ্যে অসমত কে’বাটাও আন্দোলন
সংঘটিত হৈ গৈছে। ১৮২৬ চনত ব্ৰিটিছসকলে অসমৰ শাসনভাৰ চম্ভালাৰ পাছত অসমত বাংলাভাষাই খোপনি
পুতি বহিছিল আৰু ব্ৰিটিচৰ পৃষ্ঠপোষকতাত বাংলা মাধ্যমৰ
বিদ্যালয় পর্যন্ত প্রতিষ্ঠাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। বহু চেষ্টাৰ মূৰকত ১৮৭৩ চনৰ
৯ এপ্ৰিলৰপৰা অসমৰ আদালতসমূহত পুনৰ অসমীয়া ভাষা প্ৰচলন হয় আৰু
শিক্ষাৰ মাধ্যম অসমীয়া হোৱাৰ বাট প্রশস্ত হয়। ১৮২৬ চনৰপৰা ১৮৭৩ চনলৈ বাংলাভাষা
শিক্ষাৰ মাধ্যম আৰু চৰকাৰী ভাষা হোৱাৰ পাছতো বিশেষ কিছুমান প্ৰান্তত অসমীয়াসকল
সংখ্যাগুৰু হৈয়ে আছিল। কিন্তু ১৮৭৪ চনৰ ৬ ফেব্ৰুৱাৰীত অসমখনক পুনর্গঠন কৰি চীফ
কমিচনাৰৰ শাসনৰ অধীনলৈ নিয়াৰ পাছত উক্ত চনৰে ১২ ছেপ্টেম্বৰত বাংলাভাষা প্রধান চিলেট
জিলা অসমৰ লগত চামিল কৰা হয়। ফলত বাংলাভাষী সমাজ সংখ্যাগুৰু হৈ
পৰে আৰু অসমীয়াসকল সংখ্যালঘু। তেতিয়াৰ পৰাই অসমীয়াভাষী মানুহৰ বাংলাভাষী মানুহৰ
প্ৰতি এটা ভয়ৰ ভাবে সততে ক্ৰিয়া কৰি আছে। যাৰ ফলত কুৰি শতিকাৰ দ্বিতীয় আৰু তৃতীয়
দহকৰপৰা যেতিয়া পূৰ্ব বংগৰপৰা বাংলাভাষী হিন্দুৰ প্ৰব্ৰজনৰ সোঁত ববলৈ আৰম্ভ কৰে
তেতিয়া ভাষিক প্রাধান্য হেৰুৱাৰ ভয়ত অসমীয়া বুদ্ধিজীৱিসকল পুনৰ শংকিত হৈ উঠে। এই
ভয়ৰ প্ৰতিফলন ঘটে ১৯৩৭ চনত। ১৯৩৭ চনৰ ২৮ নৱেম্বৰত অসম ছাত্ৰ সন্থাৰ
পূৰ্বৱৰ্ত্তী ছাত্র সংগঠন ‘অসম ডেৰা দলে’ অসমীয়াৰ পৰিচয়
আৰু সংস্কৃতি সুৰক্ষাৰ কাৰণে জৱাহৰলাল নেহৰুক ছয়দফীয়া দাবী সম্বলিত এখন
স্মাৰক পত্ৰ প্ৰদান কৰে। (১) চিলেটক বংগলৈ স্থানান্তৰ কৰা হওঁক। (২) আগন্তুক বিছ
বছৰৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালীৰ প্ৰবাস বন্ধ কৰা হওঁক।
(৩) যিসকল বাঙালী মানুহ তাত বসবাস কৰি আছে সিহঁতৰ কাৰণে কঠোৰ আইন বলবৎ কৰা হওঁক। (৪) ব্ৰহ্মপুত্ৰ
উপত্যকাত অসমীয়া বিৰোধী সকলো সংগঠন নিষিদ্ধ ঘোষণা কৰা হওঁক।(৫) কৃষিৰ কাৰণে দিয়া ঋণ
আদায় দহ বছৰৰ কাৰণে স্থগিত ৰখা হওঁক। (৬) চাহ বাগানৰ মালিক গোটক দহ
বছৰৰ কাৰণে বিধান সভাৰপৰা বাহিৰত ৰখা হওঁক।
স্বাধীনোত্তৰ কালত ১৯৫০
চনত পোন প্ৰথম বাৰৰ বাবে অসম সাহিত্য সভাই অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলি
প্ৰস্তাৱ গ্ৰহণ কৰে। কিন্তু সেই প্ৰস্তাৱ কাৰ্যকৰী নহ’ল। ইফালে অসমীয়া
ভাষীৰ সমান্তৰালভাবে বড়োসকলো নিজৰ ভাষা সম্পৰ্কে সজাগ হৈ উঠে আৰু ১৯৫২ চনত বড়ো সাহিত্য সভা গঠন
কৰে। ১৯৫৫ চনত ভাৰত চৰকাৰে ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনর্গঠনৰ বাবে সিদ্ধান্ত লয়।
এই সিদ্ধান্ত লোৱাৰ পাছৰেপৰা অসম অসমীয়াৰ এই প্ৰৱণতা গা
কৰি উঠে আৰু অসম সাহিত্য সভাই ১৯৫৯ চনত পুনৰ অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলি
প্ৰস্তাৱ গ্ৰহণ কৰে। উক্ত চনৰে ৯ চেপ্তেম্বৰত সমগ্ৰ
অসমত ৰাজ্যভাষা দিবস পালন কৰা হয়। লগে লগে অন্যান্য জনগোষ্ঠীৰ ওপৰত অসমীয়া ভাষা
জাপি দিয়াৰ প্ৰৱণতা গা কৰি উঠে। ফলত এক শ্ৰেণীৰ উগ্র
জাতীয়তাবাদী অসমীয়াৰ মনোভৱলৈ লক্ষ্য কৰি অন্যান্য জনগোষ্ঠীয় লোকসকল নিজা নিজা
ভাষা-সংস্কৃতিৰ প্ৰতি সজাগ হৈ উঠে। ১৯৬০ চনত অসমীয়া
ভাষা ৰাজ্যভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে দাবী উত্থাপন হোৱাৰ লগে লগে
ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাংলাভাষী হিন্দুৰ সমান্তৰালভাবে
বৰাক উপত্যকাৰ বাংলাভাষী হিন্দু-মুছলমান আৰু পাহাৰীয়া ও ভৈয়ামৰ জনজাতীয় লোকসকল
প্ৰতিবাদত মুখৰ হৈ উঠে। প্রথমে বিক্ষোভ আৰম্ভ হয় চিলঙত।
চিলঙৰ অসমীয়া ভাষা বিৰোধী বিক্ষোভে সমগ্ৰ দেশত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।
অসমীয়া আৰু বাংলাভাষীলোকৰ মাজত ঠায়ে ঠায়ে
সংঘৰ্ষৰো সূত্রপাত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীৰ হত্যাই
পৰিস্থিতি অধিক জটিল কৰি তোলে। ফলত গুৱাহাটীৰপৰা দেশৰ
বিভিন্ন অঞ্চললৈ অশান্তি বিয়পি পৰে । কাছাৰতো ইয়াৰ প্ৰভাৱ পৰে। বিক্ষোভকাৰীসকলৰ
ওপৰত ঠায়ে ঠায়ে গুলী চালনাও কৰা হয়। অসমীয়া ভাষাৰ এই
জটিল সন্ধিক্ষণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন্তঃপ্রব্রজিত ধর্মান্তৰিত বাংলাভাষী
মুছলমানসকল অসমীয়াভাষীৰ সপক্ষে থিয় দিয়ে। ফলত অসমীয়া ভাষাই
উক্ত চনৰ ১০ অক্তোবৰৰপৰা ৰাজ্যিক ভাষাৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হয়।
১৯৭২ চনৰ মাধ্যম আন্দোলনৰ
সময়তো বাংলাভাষী হিন্দু আৰু জনজাতিসকল প্ৰতিবাদ মুখৰ হৈ উঠিছিল। ফলত সমগ্ৰ
ৰাজ্যব্যাপী অশান্তি সৃষ্টি হৈছিল। তেতিয়াও ভৈয়ামৰ
বাংলাভাষী আন্তঃপ্ৰব্ৰজিত মুছলমানসকলে অসমীয়া ভাষাৰ সপক্ষে সক্রিয় অংশ গ্ৰহণ
কৰিছিল আৰু সেই আন্দোলনত অসমীয়া ভাষী আন আন ছহিদৰ লগত বাংলাভাষী
মুছলমান সন্তান মোজাম্মিল হক ছহিদ হৈ মাধ্যম আন্দোলনৰ ইতিহাসত এক অনন্য দৃষ্টান্ত
দাঙি ধৰিছিল।
ভাষিক, সাংস্কৃতিক আৰু
ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ সংকটত ভূগি অসমীয়াভাষীসকলে ছবছৰীয়া ঐতিহাসিক অসম
আন্দোলন আৰম্ভ কৰিছিল। বহু ধন-জন ক্ষতি হোৱাৰ পাছত ১৯৮৫ চনত
ত্ৰিপাক্ষিক চুক্তিৰ মাধ্যমত সেই আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল। ছবছৰীয়া অসম
আন্দোলনৰ বহু কেইটা ইতিবাচক দিশ আছে যদিও ইয়াৰ কিছুমান নেতিবাচক
দিশো আছে। অসমত শক্তিশালী অসমীয়া জাতিগঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল এই আন্দোলনৰ ফলত সেয়া
বাধাপ্রাপ্ত হৈছে। বিভিন্ন ভাষা-ভাষী, ধর্মীয় আৰু জনজাতীয়
লোকসকল নিজৰ ভাষা-সংস্কৃতি আৰু অধিকাৰৰ প্ৰতি সজাগ হৈ উঠিছে। ফলত অসমীয়া
ভাষীৰ সংখ্যা পূৰ্বৰ তুলনাত বহু হ্রাস পাইছে। আগতে বাংলাভাষী মুছলমানৰ কোনো সংগঠন
নাছিল, কিন্তু এই আন্দোলনৰ বিভিন্ন পৰ্যায়ত সংঘটিত হোৱা
সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত অস্তিত্ব ৰক্ষাৰ সংকটত ভূগি মুছলমানসকলে নিজৰ সংগঠন
গঢ়ি তুলিছে। বড়োসকলে স্বায়ত্ব শাসন আঁজুৰি নিয়াৰ পাছতো আকৌ
পৃথক ৰাজ্যৰ দাবীত আন্দোলন চলাই আছে। কোচ-ৰাজংশীসকলে পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত
অসমখন উত্তাল কৰি ৰাখিছে। কে’বাটাও সন্ত্রাসবাদী সংগঠন
মূৰ দাঙি উঠিছে। শ শ নিৰীহ মানুহ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাব লগা
হৈছে। অলেখ সা- সম্পত্তি, ঘৰ-বাৰী জ্বলি ভস্মীভূত
হৈছে। ধাৰাবাহিক ভাবে বন্ধ, হৰতাল, অনশন আদি পালিত হৈছে। ফলত
দেশৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ লগতে
ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ ওপৰতো ইয়াৰ কু-প্ৰভাৱ পৰিছে। অসমৰ মূল সমস্যাবোৰ
তলপৰি আছে। বিভিন্ন আন্দোলন প্রতিহত কৰিবলৈ গৈ শাসনাধিষ্ঠ
চৰকাৰৰ স্থিতি থৰক-বৰক হৈ পৰিছে। দেশত দুর্নীতি বৃদ্ধি পাইছে। ইয়াৰে সুযোগ লৈ এ,আই,ইউ,ডি এফৰ দৰে
ৰাজনৈতিক দল মূৰ দাঙি উঠিবলৈ সুযোগ পাইছে। বিজেপিৰ দৰে সাম্প্রদায়িক
দলে অসমত খোপনি পুতিবলৈ সক্ষম হৈছে। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এই দলবোৰে ধৰ্মৰ
নামত ভোট বিভাজন কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে।
আন্তঃপ্রব্রজিত বাংলাভাষী
মুছলমানসকল থলুৱা অসমীয়াৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ বুলি
জাতীয়তাবাদী সংগঠনবোৰে সততে সজোৰে প্ৰচাৰ চলায়।
কিন্তু বাংলাভাষী মুছলমানসকল ৰাজনৈতিক ক্ষেত্ৰত অঞ্চল ভেদে অসমীয়াৰ কিছু
প্রতিদ্বন্ধি হ’লেও ভাষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত কেতিয়াও
অসমীয়াৰ প্ৰতিদ্বন্ধি নহয়। কাৰণ অসমীয়া ভাষা প্ৰকৃতাৰ্থত ক’বলৈ গ'লে এইসকল
মুছলমানৰ সমৰ্থনতে তিষ্ঠি আছে। ইংৰাজীৰ ধামখুমীয়াৰ
মাজতো নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই অসমীয়া ভাষাক জীপাল কৰি
ৰাখিছে। নতুন নতুন কৌশল অৱলম্বন কৰি এডৰা মাটিত বিভিন্ন ঋতুত
ভিন ভিন খেতি কৰি কৃষিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে।
অশিক্ষা আৰু অজ্ঞতাৰ ফলত
মুছলমানৰ জনসংখ্যা অধিক বৃদ্ধি পোৱা বুলি হিন্দুত্ব আৰু জাতীয়তাবাদী সংগঠনবোৰে
হিন্দুৰ মনত ভয়ৰ ভাব জগাই তোলাৰ কাৰণে অহৰহ প্ৰচাৰ চলায়; কিন্তু এই
সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা কথাটো ক’তো প্ৰচাৰ কৰা
নহয়। ‘দি হিন্দু’ কাকতত প্ৰকাশিত তথ্যৰপৰা দেখা যায় যে, ১৯৫১ চনৰপৰা ১৯৬১ চনলৈ
মুছলমান জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ ৩২.৪২ আছিল যদিও এই সংখ্যা ২০০১ চনত
২৯.৫২ আৰু ২০১১ চনত ২৪.৬০ শতাংশলৈ হ্ৰাস পাইছে। এই তথ্যৰপৰা দেখা যায় যে, হিন্দুৰ তুলনাত
মুছলমান জনসংখ্যা হ্ৰাসৰ হাৰ অধিক। ২০০১ চনৰপৰা ২০১১ চনলৈ এই দহ
বছৰত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে ৪.৯২ শতাংশ আৰু পক্ষান্তৰে হিন্দু জনসংখ্যা বৃদ্ধিৰ
হাৰ হ্ৰাস পাইছে ৩.১৬ শতাংশ। এই পৰিসংখ্যাই হিন্দুত্ববাদীসকলৰ দাবীৰ অসাৰতাকে
প্রতিপন্ন কৰিছে।
নিৰপেক্ষ দৃষ্টিৰে বিচাৰ
কৰিলে দেখা যাব যে, মুছলমানসকল নহয়, বাংলাভাষী
হিন্দুসকলহে অসমীয়াৰ ভাষিক আৰু সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ৷
বাংলাভাষী মুছলমানসকলে ৰাজনৈতিক কাৰণতে তেতিয়াৰ মুছলমান বুদ্ধিজীৱী আৰু মুছলিম
লীগৰ নেতা ছাদুল্যাৰ আহ্বানত অসমীয়া ভাষাক মাতৃভাষা হিচাপে
আঁকোৱালী লৈছে যদিও ক্ষুদ্র একাংশ সুশিক্ষিত বাংলাভাষী হিন্দুৰ বাহিৰে বাকীবোৰ
হিন্দুই নিজৰ ভাষা-সংস্কৃতিকে আঁকোৱালী আছে। পৰিস্থিতিৰ
মেৰপাকত পৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশ অনুসুচিত বাংলাভাষী হিন্দুই অসমীয়া
মাধ্যমত লেখা-পঢ়া শিকিলেও তেওঁলোকে অসমীয়া ভাষাক
মাতৃভাষা হিচাপে গ্রহণ কৰা নাই। বৰাক উপত্যকাৰ এশ শতাংশ হিন্দুই বাংলা মাধ্যমত
লেখা-পঢ়া শিকে। ভাষা আন্দোলনৰ সময়তো ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ
বাংলাভাষী হিন্দুসকল অন্যান্য জনজাতিৰ লগত লগ লাগি অসমীয়া ভাষা ৰাজ্যভাষাৰ মৰ্যদা পোৱাৰ বাটত হেঙাৰ
হৈ থিয় দিছিল। কাৰণ তেওঁলোকে বাংলা ভাষা-সংস্কৃতিক অসমীয়া ভাষা-সংস্কৃতিতকৈ
উচ্চখাপৰ বুলি ভাবে। গতিকে অসমৰ বাংলাভাষী হিন্দুসকলে
সমগোত্রীয় ডেৰ কোটি বাংলাদেশী হিন্দুৰ আগমনক লৈ উৎফুল্লিত হৈ উঠিছে। অসমত
বাংলাভাষীৰ সংখ্যা বৃদ্ধি পালে সময়ত অসমৰ ৰাজ্যভাষা বাংলা
দাবী কৰাৰ মানসিকতা নিশ্চয় ইয়াত প্ৰচ্ছন্ন হৈ আছে।
কেন্দ্ৰীয় চৰকাৰে
অমুছলমানৰ স্বাৰ্থৰ কথা চিন্তা কৰি মানৱতাৰ খাতিৰত এই অধিসূচনা জাৰি কৰাৰ
সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ চলাই আছে যদিও ২০১৬ ৰ নিৰ্বাচনৰ
আগে আগে জাৰি কৰা এই অধিসূচনাৰ অন্তৰালত প্ৰকৃতাৰ্থতযে ভোটবেংকৰ ৰাজনীতিহে জড়িত
হৈ আছে সেয়া সাধাৰণ জ্ঞান- বুদ্ধিৰ মানুহ এজনেও
উপলব্দি কৰিব পাৰিছে। একমাত্র উপলব্ধি কৰিবপৰা নাই যিসকলে ক্ষমতা লাভৰ অংকত
আত্মবিস্মৃত হৈ আছে। অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ১২
টাত শতকৰা পঞ্চাছতকৈও অধিক, ৮ টাত শতকৰা চল্লিছতকৈ অধিক, ৯ টাত ত্ৰিছতকৈ
অধিক আৰু বাকীবোৰ সমষ্টিত বিছ শতাংশতকৈ অধিক বাংলাভাষী
ভোটাৰ আছে। বাংলাভাষী ভোটাৰসকলক মেৰুকৰণ কৰিব পাৰিলে ২৯ টা সমষ্টিত বিজেপিৰ জয়লাভ
এক প্ৰকাৰ সুনিশ্চিত আৰু ১৩ টা সমষ্টিত বাংলাভাষী ভোটাৰে
নিৰ্ণায়ক ভূমিকা ল'ব পাৰিব। এই অংক আগত ৰাখিয়ে বিজিপি
নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এইদৰে মানৱতাৰ বজাৰ খুলি
বহিছে বুলি ভবাৰ যথেষ্ট থল আছে।
এনডিএ চৰকাৰৰ এই
সিদ্ধান্তই অসমক ভয়াৱহ ভাষিক আৰু অৰ্থনৈতিক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিব বুলি
বিভিন্ন মহল শংকিত হৈ উঠিছে। চৰকাৰৰ এই সিদ্ধান্তই
মাথোন ভাষিক আৰু অৰ্থনৈতিক বিপৰ্যয়ৰ অশনি সংকেতে বহন কৰা নাই ছবছৰীয়া অসম
আন্দোলনৰ প্ৰাসংগিতাকো নস্যাৎ কৰিছে। লগতে অসম আন্দোলনৰ
বিভিন্ন পৰ্যায়ত প্ৰাণ আহুদি দিয়া ৮৫৫ জন ছহিদকো অপমান কৰিছে। আনহাতে
গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ধৰ্মৰ দোহাই দি বিশেষ ধর্মীয়
সম্প্ৰদায়ক শৰণাৰ্থীৰ মৰ্যদা দিয়া ঘটনাই ভাৰতবৰ্ষৰ গণতান্ত্রিক ভাৱমূৰ্ত্তিকো
বিনষ্ট কৰিব বুলি আশংকা কৰা হৈছে। ধর্মীয়ভাৱে মেৰুকৰণ কৰাৰ
বাবে গেৰুৱা দলটোৱে আগৰে পৰাই হিন্দুসকলক মানসিকভাবে প্রস্তুত কৰিবলৈ ৰামস্বামীকে
ধৰি কে’বাজনো কেন্দ্রীয় নেতৃত্বক নিয়োগ কৰিছিল আৰু
তেওঁলোকে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি হিন্দু জনগণক মানসিক ভাবে
প্রস্তুত কৰি লৈছে। বিজেপিৰ সভাপতি সিদ্ধার্থ ভট্টাচাৰ্যক
অশিক্ষিত বুলি মন্তব্য কৰা, মুছলমানসকলে দুটাতকৈ অধিক সন্তান জন্ম দিলে
তিৰস্কাৰ আৰু হিন্দুসকলে আঠোটাতকৈ অধিক সন্তান জন্ম দিলে
পুৰস্কৃত কৰাৰ দৰে মন্তব্য কৰা, মুছলমানসকল ভাৰতবৰ্ষত সংখ্যাগুৰু হ’ব বুলি কৰা
মন্তব্য আৰু ষোল্লৰ নিৰ্বাচনৰ আগে আগে ধর্মীয় ভিত্তিত জনসংখ্যাৰ তথ্য
দাঙি ধৰা আদিৰ আঁৰত মূলতঃ গেৰুৱা দলটোৰ ধৰ্মীয় মেৰুকৰণৰ মানসিকতাই ক্ৰিয়া কৰি
আছিল। গেৰুৱা দলটোৱে ঘোষণা কৰিছে
যে, ভাৰতবৰ্ষৰ সকলো
ৰাজ্যতে এই শৰণাৰ্থীসকলক ভগাই দিয়া হ'ব। কিন্তু এটা কথা ঠিক যে, অন্যান্য ভাষী
লোকক ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যত ভগাইল’লেও
বাংলাভাষীলোকৰ বোজা অসমেইল’ব লাগিব। কাৰণ বাংলাভাষী মানুহক হিন্দী বলয়ে
কেতিয়াও গ্ৰহণ নকৰিব আৰু শৰণাৰ্থীসকলেও সেইবোৰ ৰাজ্যত
সংস্থাপিত হ’বলৈ সন্মত নহ'ব। একে নৃগোষ্ঠী আৰু ভাষা-ভাষী হোৱাৰ বাবে অসম
আৰু পশ্চিম বংগই সিহঁতৰ কাৰণে অধিক নিৰাপদ। কিন্তু পশ্চিম
বংগত যে সিহঁতে আশ্রয় পাব তাৰ নিশ্চয়তা নাই। কাৰণ আগে-পাছে সেয়াই দেখা গৈছে।
বাংলাদেশী হিন্দুক একমাত্র অসমতে যে সংস্থাপন দিয়া হ’ব কেন্দ্রীয়
মন্ত্রী বি, কে, সিঙে যোৱা বুধবাৰে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যত সেয়া স্পষ্ট হৈ পৰিছে।
বানপানী, সন্ত্রাসবাদ, সীমা সমস্যা, নিৱনুৱাকে আদি
কৰি নানা সমস্যাত জৰ্জৰিত অসমৰ ক্ষেত্ৰত এই অধিসূচনাই বিৰূপ প্ৰভাৱ পেলোৱাটো এক প্ৰকাৰ নিশ্চিত।
কাৰণ অসমীয়াভাষী লোকৰ সংখ্যা ইতিমধ্যে শতকৰা পঞ্চাছতকৈ তললৈ অৱনমিত হৈছে। পুনৰ
বিছ লাখ বাংলাভাষী মানুহৰ আগমন হ’লে অসমীয়া
ভাষীলোকৰ সংখ্যা আৰু অধিক অৱনমিত হোৱাটো নিশ্চিত। এই ক্ষেত্ৰত
একমাত্ৰ অসমীয়া ভাষাই যে বিপৰ্যয়ৰ সন্মুখীন হ’ব তেনে নহয়, অসমৰ জনগাঁথনি
আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। সেয়ে সকলো জাতিগোষ্ঠীৰ মানুহ
একগোট হৈ থিয় হোৱাৰ সময় সমাগত। হিন্দু শৰণাৰ্থীক
মানৱতাৰ খাতিৰত আশ্রয় দিয়ক আপত্তি নাই; কিন্তু অসমত যাতে দিয়া
নহয় তাৰ বাবে সজোৰে দাবী উত্থাপন কৰিব লাগিব। অমুক নেপালী, অমুক চাহ
জনগোষ্ঠী, অমুক বড়ো, অমুক গাৰো, অমুক কোঁচ-ৰাজবংশী, অমুক মিছিং-কাৰ্বি, অমুক মুছলমান
এইদৰে ভেদাভেদ নকৰি সকলোকে বিশ্বাসত লৈ গণতান্ত্রিক আন্দোলন গঢ়ি
তুলিব লাগিব। এই ক্ষেত্ৰত বাংলাভাষী হিন্দু সকলো আত্মসন্তুষ্টি লাভ কৰি বহি থাকিলে
নহ’ব। কাৰণ তেওঁলোকৰ ওপৰতো
ইয়াৰ কু-প্ৰভাৱ নপৰাকৈ নাথাকে। বছৰৰ পাছত বছৰ ধৰি যিসকলক সন্দেহযুক্ত বাংলাদেশী
বুলি সন্দেহ কৰি অসমীয়া মূলসুঁতিৰপৰা আঁতৰাই ৰখা হৈছে তেওঁলোককো এই
ক্ষেত্ৰত লগত লৈ আগবাঢ়িব লাগিব আৰু মুছলমানসকলেও এই ক্ষেত্ৰত স্বতস্ফূর্ত ভাবে আগভাগ ল’ব লাগিব। কাৰণ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত হ’লে কোন স্বদেশী কোন বাংলাদেশী সেয়া নিজে নিজেই
ওলাই পৰিব।
(জনসাধাৰণ-
২৫-০৯-১৫)
ধর্মীয়
অসহিষ্ণুতা।
যক্ষই যুধিষ্ঠিৰক সুধিছিল, সূর্য কোনে অস্ত
নিয়ায়? তেতিয়া যুধিষ্ঠিৰে উত্তৰত কৈছিল, ধৰ্মই। ধৰ্মৰ অৰ্থ হ’ল নিয়ম। সূর্যও
নিয়মৰ দ্বাৰা পৰিচালিত। একমাত্র সূর্যই নহয়, এই বিশ্ব
ব্ৰহ্মাণ্ডৰ সকলো বস্তু নিয়মৰ দ্বাৰা পৰিচালিত। এই নিয়মৰ সামান্যতম হেৰফেৰ হ'লেই
বিশ্বব্ৰহ্মাণ্ডৰ ধ্বংস অনিবার্য। প্ৰকৃতিৰ দৰে মানব সমাজো
কিছুমান নিয়মৰ দ্বাৰা পৰিচালিত। যেতিয়াই এই নিয়ম উলংঘা কৰা হয় তেতিয়াই সংঘৰ্ষ
অনিবাৰ্য হৈ পৰে। এই সংঘৰ্ষ এৰাই চলাটোৱে হ'ল প্ৰকৃতাৰ্থত
ধৰ্ম।
কিন্তু পশুৰ ক্ষেত্ৰত
সংঘৰ্ষ এৰাই চলা সম্ভৱ নহয়। কাৰণ পশুৰ সংঘৰ্ষ হ’ল জীয়াই থকাৰ
সংঘৰ্ষ। ‘ছাৰবাইবল অৱ দা ফিটেষ্ট’। কিন্তু মানুহৰ মাজত পশুতকৈ ভিন্ন
সংস্কৃতি বিদ্যমান। ইয়াক কোৱা হয়, নিজে জীয়াই থাকা আৰু
আনকো জীয়াই থাকিবলৈ দিয়া। ‘লিভ এণ্ড বি লিভ।’ ইয়াত সংঘৰ্ষ
এৰাই চলিবলৈ শিক্ষা দিছে। যেতিয়ালৈকে এজন মানুহ আনজন মানুহৰ জীয়াই থকাৰ অন্তৰায়
নহয়, তেতিয়ালৈকে তেওঁৰ জীয়াই থকাৰ অধিকাৰ আছে। পশুৰ সংঘর্ষ অনিবাৰ্য, কিন্তু মানুহৰ
সংঘৰ্ষ অপবাদ। সকলো ধর্ম মতেই এই শিক্ষা দিয়ে যে, নিজৰ কাৰণে যিটো
বেয়া বুলি ভবা হয়, সেয়া আনৰ কাৰণেও বেয়া বুলি ভাবিব লাগে।
ইউৰোপীয় বিচাৰ ধাৰা
অনুসৰি মানুহ হ’ল বিকাশশীল পশু। খাৱন, শোৱন, ভয়, মৈথুন আদি কাৰ্য
মানুহ আৰু পশুৰ মাজত একে। মানুহৰ মাজত একমাত্র বিশেষত্ব হ’ল ধর্ম। ধর্ম
বিহীন মানুহ পশুতুল্য। ইয়াত কিন্তু মন্দিৰ, মছজিদ বা গীৰ্জালৈ গ'লেই ধৰ্ম আচৰণ
কৰা হয় বুলি কোৱা হোৱা নাই। ইয়াত মানৱ কল্যাণৰ কাৰণে যিবোৰ
আচৰণ বিধিৰ প্ৰয়োজন তাকে ধৰ্ম বুলি কোৱা হৈছে। আনহাতে কোনো ধৰ্মই পৰধৰ্মক হিংসা
বা নিন্দা কৰিবলৈ শিক্ষা দিয়া নাই। অৰ্থাৎ সহনশীলতাৰ শিক্ষা
দিছে। এইবোৰ হ’ল ধৰ্মৰ আচৰণ বিধি। কিন্তু সম্প্রতি মানুহে আনুষ্ঠানিক ধৰ্মৰ প্ৰতি যিমান
গুৰুত্ব প্ৰদান কৰিছে মানৱ কল্যাণৰ কাৰণে যিবোৰ স্বাভাৱিক
আচৰণ বিধি আছে সেইফালে যেন কম গুৰুত্ব দিয়া হৈছে।
ধৰ্ম আৰু ৰাজনীতি একাকাৰ
কৰাৰ কাৰণে ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱা বুলি বহুতে ক’ব বিচাৰে। এই কথা
আংশিকভাবে সত্য হলেও সম্পূর্ণভাবে নহয়৷ কাৰণ ধৰ্ম আৰু
ৰাজনীতিৰ সম্পৰ্ক আজিৰ নহয়। সত্য, ত্রেতা, দ্বাপৰ যুগৰ পৰাই
চলি আহিছে এই সম্পর্ক। উদাহৰণ স্বৰূপে অৱতাৰ পুৰুষ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ
কথা উনুকিয়াব পাৰি। উভয়ে ধৰ্মৰ লগতে ৰাজনীতিৰ লগতো জড়িত আছিল। কুৰি শতিকাতো
ইয়াৰ জল্জল্ পট্পট্ উদাহৰণ ৰৈ আছে। জাতিৰ পিতা মহাত্মা
গান্ধী যিমান ধার্মিক আছিল, সিমান ৰাজনীতিবিদো আছিল। তেওঁ এফালে গীতাৰ বাণী
প্রচাৰ কৰিছিল আৰু আনফালে স্বাধীনতাৰ কাৰণে সংগ্রাম কৰিছিল।
ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণেও আধ্যাত্মিক শিক্ষাৰ সমান্তৰালভাবে ৰাজনীতি আৰু
সমাজনীতিৰ শিক্ষা দিছে। এই কথা গীতাৰ ক্ষেত্রতো প্রযোজ্য।
সেয়ে ধৰ্ম আৰু ৰাজনীতি দেখাত বেলেগ যেন লাগিলেও দুয়োটাৰ নিবিড় সম্পর্ক আছে।
কাৰণ এটা আনটোৰ পৰিপূৰক৷ দুয়োটাৰ লক্ষ্য কল্যাণ। কিন্তু
ধর্মক যেতিয়া বিশেষ উদ্দেশ্যত স্বাৰ্থ পূৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হয়
তেতিয়া ধৰ্ম আচল উদ্দেশ্যৰ পৰা বিচ্যুত হয়। ধর্ম যেতিয়া আচল উদ্দেশ্যৰ
পৰা বিচ্যুত হয় তেতিয়াই ৰাজনীতি বেয়া হৈ পৰে। ড০ ৰামমনোহৰ লোহিয়াই এই ক্ষেত্ৰত
খুবেই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে-‘ধর্ম যেতিয়া বেয়া হৈ
যায় তেতিয়া ই বিবাদাস্পদ হৈ পৰে আৰু তেতিয়াই ৰাজনীতি ভ্ৰষ্ট হৈ যায়৷ তেতিয়া ই
মৃত হৈ শ্মশান-শান্তি সাৱটি লয়। তেওঁ আৰু কৈছে- ধৰ্ম আৰু
ৰাজনীতিৰ অবিবেকী মিলনৰ ফলত দুয়ো ভ্ৰষ্ট হৈ যায়। কোনো এটা ধৰ্ম ৰাজনীতিৰ লগত
কেতিয়াও যুক্ত কৰা উচিত নহয়। ইয়াৰপৰা সাম্প্ৰদায়িক গোড়ামী বৃদ্ধি
পায়। ধৰ্ম আৰু ৰাজনীতিক বেলেগে বেলেগে ৰখাৰ আটাইতকৈ ডাঙৰ কাৰণ এয়ে যে যাতে
দুয়োটাক সাম্প্রদায়িকতা আৰু গোড়ামীৰ পৰা আঁতৰাই ৰাখিব পৰা
যায়। ইয়াত দেখা গ'ল যে ৰাজনীতিবিদজন ধার্মিক হ’ব লাগে; কিন্তু ধৰ্মক
ৰাজনীতিৰ লগত একাকাৰ কৰিব নালাগে।
কিন্তু সম্প্ৰতি ধৰ্ম আৰু
ৰাজনীতিক একাকাৰ কৰি ধৰ্মক ৰাজনৈতিক উদ্দেশ্য সাধনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি থকা
হৈছে আৰু ইয়াৰ ফলত আমাৰ দেশত ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি হৈছে
বুলি ভবাৰ থল আছে। অৱশ্যে সকলো ধৰ্মকলৈ যে অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি হৈছে তেনে
নহয়। আমাৰ দেশত হিন্দু, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান আৰু
ইছলামকে আদি কৰি কে’বাটাও প্ৰধান ধৰ্ম আছে। ইয়াৰে হিন্দু, বৌদ্ধ, শিখ, জৈন ধৰ্ম আমাৰ
দেশতে উদ্ভৱ হৈছে। ফলত এই তিনিটা ধর্মকলৈ কোনো বিভেদ নাই
আৰু থকাৰ কথাও নহয়। কাৰণ এই তিনিটা স্বদেশী ধর্ম। খ্রীষ্টান যদিও বিদেশী ধর্ম এই
ধৰ্মৰ প্ৰতিও তেনেকৈ অসহিষ্ণুতা প্ৰদৰ্শন কৰা নহয়। কাৰণ
এওঁলোক সংখ্যাত তাকৰ। ফলত এওঁলোকৰ ফালৰ পৰা ৰাজনৈতিক ভয়ৰ কাৰণ নাই অৰ্থাৎ
ৰাজনৈতিক প্রতিদ্বন্দ্বী নহয়। একমাত্র ইচলামৰ
বিৰুদ্ধেহে অসহিষ্ণুতা প্ৰদৰ্শন কৰি থকা হৈছে। কাৰণ ইছলাম হ'ল ভাৰতবৰ্ষত
দ্বিতীয় বৃহৎ ধর্ম। ফলত এওঁলোক ৰাজনৈতিক প্রতিদ্বন্দ্বী। কিন্তু ব্ৰিটিচসকল
ভাৰতলৈ অহাৰ আগতে এই ধৰ্মীয় অসহিষ্ণুতা নাছিল। এয়া মোৰ কথা নহয়, ইতিহাস ইয়াৰ
সাক্ষী। ব্ৰিটিচৰ নীতি আছিল ‘বিভেদ আৰু শাসন’। সম্প্রতি কিছুমান
ৰাজনৈতিক দলে ব্ৰিটিচৰ সেই ‘বিভেদ আৰু শাসন' নীতিৰ আশ্ৰয়লৈ
ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হিন্দু আৰু মুছলমানক মেৰকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে
আৰু ইয়াৰ পৰাই ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে বুলি ক’ব পাৰি৷ ধৰ্মীয়
অসহিষ্ণুতাৰ পৰা সাম্প্ৰদায়িকতাৰ উদ্ভৱ হয় । এই সাম্প্রদায়িকতা কোনো ব্যক্তি
বিশেষৰ স্বাৰ্থৰ কাৰণে উদ্ভৱ নহয়, কোনো বিশেষ দলৰ দ্বাৰা
দলীয় স্বাৰ্থৰ কাৰণে পৰিকল্পিতভাবে সৃষ্টি কৰা হয় আৰু বিশেষ পৰিস্থিতিত
এটা সময়ত সমগ্ৰ সম্প্রদায় ইয়াৰ লগত যুক্ত হৈ পৰে। বিশেষকৈ ৰাজনৈতিক দলবোৰে
ইয়াৰ প্ৰতিনিধিত্ব কৰে।
সম্প্ৰতি বহুতে সেৱাৰ
মনোভাৱৰ পৰিৱৰ্ত্তে ব্যৱসায়িক দৃষ্টিভংগীৰে ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছে। ফলত
ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা সেৱাৰ মনোভাৱ অন্তর্হিত হৈছে। ইফালে ৰাজনীতি মানেই এক
স্বাচ্ছন্দ্য জীৱন। এশ খুন(হত্যা) মাফ। ফলত ৰাজনীতিৰ ক্ষেত্ৰখনত অপৰাধীৰ অনুপ্ৰৱেশ
ঘটিছে আৰু অপৰাধীৰ
অনুপ্ৰৱেশে ৰাজনীতিৰ ক্ষেত্ৰখনক অধিক কলুষিত কৰি তুলিছে। তদুপৰি বহু দলৰে
নিৰ্দ্দিষ্ট কোনো উন্নয়নমুখী পৰিকল্পনা তথা দেশৰ প্ৰতি দায়বদ্ধতা নাই।
দুই এটা দলৰ দেশৰ প্ৰতি কিছু দায়বদ্ধতা আছে যদিও অপৰাধীৰ অনুপ্ৰৱেশে সেইবোৰ দলৰো
ভাৱমূৰ্ত্তি ধুঁৱলী-কুঁৱলী হৈ পৰিছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ গা
কৰি উঠিছে। ফলত প্ৰতিটো দলৰে গ্ৰহণযোগ্যতা নোহোৱা হৈ পৰিছে। ইয়াৰ মাজতে নিজৰ
গ্ৰহণযোগ্যতা ওভতাই অনাৰ কাৰণে ভোটাৰক নানাবিধ উন্নয়নৰ প্ৰতিশ্রুতি দি কোনো কোনো দলে
নির্বাচনী বৈতৰণী পাৰ হোৱাৰ কাৰণে তৎপৰ হৈ উঠিছে। কিন্তু একবাৰে কম গ্রহণযোগ্যতা
থকা দলবোৰে ধৰ্মৰ
আশ্ৰয়লৈ মানুহক আবেগিক কৰি তোলাৰ কাৰণে সক্ৰিয় হৈ উঠিছে। কাৰণ ধৰ্মীয় আবেগেৰে
মানুহক যিমান কাষলৈ টানিব পাৰি আন কোনো বস্তুৰে সিমান নোৱাৰি। ভাৰতবৰ্ষৰ ক্ষেত্ৰত
বিজেপি (বিজেপি সম্প্রতি অসমৰ ক্ষেত্ৰতো তৎপৰ হৈ উঠিছে) আৰু অসমৰ ক্ষেত্ৰত
এআইইউডিএফ এই ক্ষেত্ৰত বেছি সক্ৰিয় । এই দুই দলৰ প্ৰধান অস্ত্ৰ হ’ল ধর্মীয় আবেগ।
এই দুই দল মানুহৰ মাজত ধৰ্মীয় আবেগ সৃষ্টি কৰি মেৰুকৰণৰ জৰিয়তে ভোট লাভৰ বাবে তৎপৰ হৈ উঠিছে।
এওঁলোকে উন্নয়নৰ কথাতকৈ ধৰ্ম তথা সম্প্রদায় বচোৱাৰ কথাহে অধিক প্ৰচাৰ কৰি আছে।
এদলে কৈ আছে মুছলমানসকল একগোট হওঁক আৰু আনটো দলে কৈ আছে হিন্দুসকল একগোট
হওঁক। এই দুটা দলৰ কোনো এটা দলেও কোৱা নাই যে জাতি-ধর্ম নির্বিশেষে সকলো মানুহ
দুর্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে একগোট হওঁক। ভাৰতীয় জনতা দলে হিন্দু বাংলাদেশীক নাগৰিকত্ব
প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি হিন্দু ভোটাৰক আৰু এআইইউডিএফে মুছলমানৰ
সুৰক্ষাৰ কথা কৈ মুছলিম ভোটাৰক আবেগিক কৰি তোলাৰ কাৰণে যত্ন কৰি আছে। অর্থাৎ এই
দুই দলৰ ওচৰত অসমৰ মৌলিক সমস্যাতকৈ ধর্মীয় আবেগ সৃষ্টিয়ে অধিক গুৰুত্ব পাইছে।
অসমৰ ৰাইজে বিগত লোকসভা নিৰ্বাচনত পৰিৱৰ্ত্তন বিচাৰি বিজেপি দলক আদৰি লৈছিল; কিন্তু দুখৰ
বিষয় যে বিজেপি দলে প্রতিশ্রুতি অনুসৰি কোনো এটা কামেই নকৰিলে। বৰং কংগ্ৰেছৰ শাসন কালত
যিবোৰ কাম অসমৰ ৰাইজৰ কাৰণে মংগলজনক নহয় বুলি সজোৰে প্ৰচাৰ
চলাইছিল মূৰত গৈ সেইবোৰ কামকেই কৰিবলৈ ল’লে। এই ক্ষেত্ৰত
বাংলাদেশক ভূমি হস্তান্তৰ আৰু বৃহৎ নদীবান্ধৰ কথা উনুকিয়াব পাৰি। আনহাতে
এআইইউডিএফে ধর্মীয় আবেগক লৈ ১৮ খন আসন দখল কৰাৰ পাছত সংখ্যালঘু মানুহৰ মৌলিক
প্রয়োজন শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাটলৈ অকণো উদ্বিগ্ন হোৱা
দেখা নগ'ল। মাথোন বাংলাদেশী প্রসংগ লৈ আত্মপক্ষ সমর্থনতে ব্যস্ত থকা দেখা গ'ল। পক্ষান্তৰে যি
বাল্যবিবাহই মুছলিম সমাজক কোঙা কৰি পেলোৱাৰ উপক্ৰম কৰিছে সেই বাল্যবিবাহক
উৎসাহিতহে কৰি থকা দেখা গ'ল। ফলত এই দল মুছলমানৰ কিমানদূৰ হিতাকাংক্ষী
ইয়াৰ পৰা অনুমান কৰিব পাৰি। কাৰণ এষাৰ কথা আছে- ‘যিজনে ভাত দিয়ে
তেওঁ মাৰে আৰু যিজনে বুদ্ধি দিয়ে তেওঁ বচায়।' সংখ্যালঘু মানুহৰ সুৰক্ষাৰ কাৰণে ৰাজনৈতিক দলৰ
প্ৰাসংগিকতা কিমান এই কথা ভাবি চোৱাৰ প্ৰয়োজন হৈছে। এক নগণ্য সংখ্যক মানুহে এক
গৰিষ্ঠ
সংখ্যক মানুহৰ বিৰুদ্ধে
নিজস্ব ৰাজনৈতিক দলৰ জৰিয়তে মোকাবিলা কৰিবলৈ যোৱাটো কিমানদূৰ যুক্তিসংগত হ’ব সেয়া ভোটাৰ
ৰাইজে ভাবি চোৱা প্ৰয়োজন। কাৰণ সংখ্যালঘু মুছলমানৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত ১৯০৬ চনত
ঢাকাৰ নবাব ছলিমুল্লাহৰ নেতৃত্বত মুছলিম লীগ গঠন কৰা হৈছিল আৰু ইয়াৰ পাছতেই কে’বাটাও হিন্দু
সংগঠন গঢ়লৈ উঠিছিল। উদাহৰণ স্বৰূপে, ১৯০৭ চনত হিন্দু
সভা, ১৯২১ চনত হিন্দু মহাসভা, ১৯২৫ চনত হিন্দু মিছন আৰু ৰাষ্ট্ৰীয়
স্বয়ং সেৱক সংঘ। পৰৱৰ্ত্তী পৰ্যায়ত বজৰং দল, শিৱসেনা আৰু দুৰ্গা
বাহিনী আদি। এই ধৰ্মীয় মেৰু বিভাজনৰ ফলত শেষলৈ ভাৰতবৰ্ষক দুভাগ কৰি ভাৰত আৰু
পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰ গঠন কৰিব লগা হৈছিল। গতিকে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ
এখনত সম্প্ৰদায়ৰ সুৰক্ষাৰ নামত সুকীয়া দল গঠন কৰাটো কিমানদূৰ
যুক্তিযুক্ত হ'ব সেয়া নিৰপেক্ষ দৃষ্টিৰে ভাবি চোৱা প্ৰয়োজন। কাৰণ ১৯৫০ চনৰ ২৬ জানুৱাৰীত
কাৰ্যকৰী কৰা আমাৰ সংবিধানে সকলো শ্ৰেণীৰ নাগৰিকক সকলো ধৰণৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা
ইতিমধ্যেই কৰি থৈছেই।
সংবিধানৰ প্ৰস্তাৱনাত
সংবিধানৰ উদ্দেশ্য, আদৰ্শ, লক্ষ্য, ক্ষমতাৰ উৎস আদিৰ
বিষয়ে উল্লেখ কৰা হৈছে। এই প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্ৰিক
ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। ইয়াত নাগৰিকৰ সামাজিক, অর্থনৈতিক আৰু
ৰাজনৈতিক ন্যায়ৰ কথা উল্লেখ কৰিছে। সকলো নাগৰিকক চিন্তা, অভিব্যক্তি, বিশ্বাস আৰু
উপাসনাৰ স্বাধীনতা প্ৰদান কৰা হৈছে। প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা আৰু ব্যক্তিৰ মৰ্যদা
তথা জাতীয় ঐক্য আৰু সংহতি বজাই ৰাখি ভ্রাতৃত্ব ভাৱ বৃদ্ধিৰ আশ্বাস দিয়া হৈছে। সংবিধানে
প্ৰদান কৰা এইবোৰ অধিকাৰ যাতে খৰ্ব কৰা নহয় তাৰবাবে আমাৰ কে’বা খলপীয়া ন্যায়পালিকা
ব্যৱস্থা আছে। তদুপৰি সংখ্যাৰ বলেৰে কেতিয়াও শ্রেষ্ঠত্ব আদায় কৰিব নোৱাৰি, শ্রেষ্ঠত্ব আদায়
কৰিবলৈ হ'লে গুণৰহে অধিকাৰী হ’ব লাগিব। মুষ্ঠিমেয়
মানুহৰ দেশ ইজৰাইল সম্প্রতি বিশ্বৰ বুকুত দপ্দপাই ফুৰিছে একমাত্র জ্ঞান বিজ্ঞানৰ
বলতহে, সংখ্যাৰ বলত নহয়। গতিকে সংখ্যালঘুসকলে ৰাজনৈতিক দল সৃষ্টি কৰি নিজৰ শ্ৰেষ্ঠত্ব আদায়ৰ
চেষ্টা কৰাতকৈ শিক্ষা-দীক্ষাৰ প্ৰতি গুৰুত্ব দিয়াটোহে সাম্প্ৰতিক পৰিস্থিতিত অধিক
যুক্তিযুক্ত হ’ব। অর্থাৎ মেৰু বিভাজনৰ ৰাজনীতি কৰাতকৈ বৌদ্ধিক আন্দোলন গঢ়ি তুলিবলৈ তৎপৰ হ'ব লাগিব। এই
ক্ষেত্ৰত হিন্দু সকলো সচেতন হোৱা প্ৰয়োজন। কাৰণ বিভাজনৰ দ্বাৰা
কেতিয়াও শান্তি প্রতিষ্ঠা কৰা সম্ভৱ নহয়। একমাত্র ভ্রাতৃত্ববোধেহে শান্তি
প্রতিষ্ঠা কৰিব পাৰে। তদুপৰি অসমখন শংকাৰ-আজানৰ দেশ, ইয়াত ধৰ্মীয় ৰাজনীতিৰ
কোনো স্থান কোনোকালে নাছিল আৰু ভৱিষ্যতেও নিশ্চয় নহ'ব।
(জনসাধাৰণ- ৩০-০২-১৬)
অসম চৰকাৰৰ উচ্ছেদ অভিযান।
সম্প্রতি অসমত জাতি, মাটি, ভেটি তথা বনজ সম্পদ
ৰক্ষাৰ নামত যি উচ্ছেদ অভিযান আৰম্ভ হৈছে তাত বিতর্ক সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কোকৰাঝাৰৰ চিৰাঙৰ
দেওশ্ৰী অঞ্চলত যোৱা ১৫ চেপ্তেম্বৰত বন বিভাগে চলোৱা উচ্ছেদ অভিযান অবৈধ আছিল বুলি
বহুতে মতপোষণ কৰিছে। কাৰণ জাননী জাৰী কৰাৰ মাথোন এঘণ্টা পাছতে এই
উচ্ছেদ অভিযান চলোৱা হৈছে। ইয়াক অমানৱীয় বুলিও বহুতে মতপোষণ কৰিছে। উচ্ছেদৰ কাৰণে কোনো লেখিত
নির্দেশনাও নাছিল- একমাত্র বিটিচি প্ৰশাসনৰ মৌখিক নির্দেশতে এই উচ্ছেদ অভিযান
চলোৱা হৈছে বুলি অভিযোগ উঠিছে। তদুপৰি মাথোন এক বিশেষ শ্ৰেণীৰ দুখীয়া মানুহক
এই উচ্ছেদ অভিযানৰ লক্ষ্য কৰি লৈছে বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে। কাৰণ
তেওঁলোকৰ মতে, বনাঞ্চলত বহুতো ধনী মানুহৰ চাহ বাগিছা আৰু ৰবৰ বাগান থকাৰ লগতে বহু বড়ো
মানুহো তাত বসবাস কৰি আছে, কিন্তু তেওঁলোকক উচ্ছেদ কৰা হোৱা নাই।
উচ্ছেদ কৰিলে তেওঁলোককো কৰিব লাগে বুলি আদিবাসী দল সংগঠনে দাবী উত্থাপন কৰিছে। বনজ
সম্পদ ৰক্ষাৰ স্বাৰ্থত চলোৱা এই অভিযানক আটায়ে সমর্থন কৰে যদিও মানৱতাৰ খাতিৰত
উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰ্ণ তথা পুনৰসংস্থাপন দিয়াৰ দাবী তুলিছে বিভিন্ন দল সংগঠনে।
কোকৰাঝাৰত উচ্ছেদ কৰা পৰিয়ালসমূহ ১৯৯৬-৯৮ চনৰ গোষ্ঠী সংঘৰ্ষৰ বলি হৈ প্ৰাণৰ মমতাত
বিভিন্ন আশ্রয় শিৱিত আশ্ৰয় লৈ আছিল। চৰকাৰে আশ্রয় শিৱিসমূহ বন্ধ কৰি এইসমূহ লৈাকক
নিজৰ ঘৰলৈ যোৱাৰ বাবে পৰামৰ্শ দিছিল। এইসমূহ লোকৰ নিজৰ গাঁও আছে যদিও নিৰাপত্তাৰ খাতিৰত নিজৰ
গাঁৱলৈ নগৈ বন বিভাগৰ অনুমতি সাপেক্ষে তাত আশ্ৰয় লৈ আছিল।
এই নিৰীহ মানুহবোৰক পুনৰ
সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকৈ এইদৰে উচ্ছেদ কৰাটোক কোনেও সহজভাবে ল’ব পৰা নাই। গতিকে
এই মানুহবোৰক
উচ্ছেদৰ প্ৰতিবাদত আদিবাসী জাতীয় মহাসভাই ১৬ চেপ্তেম্বৰত ১২ ঘণ্টীয়া বন্ধৰ
আহ্বান জনাইছিল। বন্ধৰ সময়ছোৱাত ব্যাপক হিংসাত্মক কার্য সংঘটিত হৈছে। বন বিভাগৰ কাৰ্যালয়ত
অগ্নি সংযোগ কৰাৰ লগতে বন শিৱিৰ ধ্বংস কৰিছে। ৰাস্তাত যান-বাহন জ্বলাই দিছে। কোকৰাঝাৰ জিলাৰ
গোসাঁই গাঁও মহকুমাৰ ডুমকাৰ গড়কাপ্তানি পথত শিল কঢ়িওৱা ৫ খন ডাম্পাৰ জ্বলাই
দিয়া হৈছে। শিলজান নাৰ্চাৰী কেম্পত আক্ৰমণ চলাই দুজন কৰ্মচাৰীক চোকা অস্ত্ৰৰে
ঘপিওৱাৰ লগতে নাচাৰীখনৰ গছপুলি কাটি তহিলং কৰিেেছ। মটৰ চাইেকেল, ফার্ণিচাৰ আৰু
কাৰ্যালয়ৰ নথি-পত্ৰ জ্বলাই দিছে।
উচ্ছেদিত পৰিয়ালৰ পুনৰ
সংস্থাপনৰ ব্যৱস্থা নকৰিলে ব্যাপক গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ’ব বুলি আদিবাসী
জাতীয় মহাসভাৰ মুখপাত্র বীৰসিং মুণ্ডাই সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া
ব্যক্ত কৰিছে। ‘ফৰেষ্ট ডৱেল এক্ট-২০০৬ (দফা ১০)’ অনুসৰি আদিবাসীসকল বনগাঁও
পাতি বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰিছে। আদিবাসীসকল ঝাৰখণ্ডৰ পৰা অহা
বুলি প্ৰচাৰ চলোৱা কাৰ্যৰো বিৰোধিতা কৰিছে তেওঁ। কাৰণ চাহ বাগিছাত কাম
কৰাৰ কাৰণেহে ব্ৰিটিচসকলে তেওঁলোকক উড়িষ্যা, ঝাৰখণ্ডৰপৰা অসমলৈ
আনিছিল।
বি টি এ ডিৰ উত্তেজনা মাৰ
নৌযাওঁতেই পুনৰ কাজিৰঙাৰ বান্দডুবি, দেওচুৰচাং আৰু পালিখোৱাৰ
ধৰ্মীয় সংখ্যালঘু অধ্যুষিতএলেকাত ১৯ চেপ্তেম্বৰত আন এক উচ্ছেদ অভিযান চলোৱা হ'ল। উচ্ছেদ কার্যক
বাধা প্ৰদানৰ কাৰণে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত উচ্ছেদৰ বিৰোধিতা কৰা একাংশ লোক
তিনিদিন আগৰেপৰা ৰাজপথত অৱস্থান লৈ আছিল। সেয়ে উচ্ছেদৰ সময়ত অবাঞ্ছিত পৰিস্থিতিৰ
উদ্ভৱ হোৱাৰ আশংকা কৰি প্ৰশাসনে আগতীয়াকৈ আৰক্ষী মোতায়েন কৰাৰ লগতে ১৪৪ ধাৰা
জাৰী কৰিছিল। আশংকা কৰা মতেই উচ্ছেদৰ বাবে আগবঢ়াৰ সময়ত একাংশ লোকে উচ্ছেদৰ আগতেই
পুনৰ সংস্থাপনৰ দাবী তুলি উচ্ছেদ কাৰ্যত বাধা প্রদান কৰে। ফলত হুলস্থূলীয়া
পৰিৱেশৰ লগতে এক আতংকময় পৰিস্থিতিৰ উদ্ভৱহয় কাজিৰঙাৰ দেওচুৰচুঙত। এটা সময়ত
অৱৰোধকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। আন্দোলনকাৰীসকলক ছত্ৰভংগ
দিবলৈ আৰক্ষীয়ে লাঠী
চালনা, কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলী চালনা কৰে। আৰক্ষীৰ গুলীত আঞ্জুমা খাতুন
আৰু ফখৰ উদ্দিন নামৰ দুজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰতৰভাবে আহত
হয়। ঘোৰতৰভাবে আহত লোক দুজনৰ নাম হ’ল আকাশ আলি আৰু তছলিমা
খাতুন। আন ষোল্লজন লোক সামান্যভাবে আহত হয়। ১৪ জন আৰক্ষীও আহত হোৱা বুলি আৰক্ষীৰ সূত্ৰই
প্ৰকাশ কৰিছে। প্ৰশাসনৰ মতে সকলো নাগৰিকে ঘৰ এৰি গৈছে, একাংশ সন্দেহজনক
লোকেহে মাথোন তৃতীয় শক্তিৰ প্ৰৰোচনাত ঘৰ এৰি যোৱা নাছিল। প্রমীলা ৰাণী ব্ৰহ্মই এই
ক্ষেত্ৰত অখিল গগৈকে পোনপটীয়াভাবে দায়ী কৰিছে। তেওঁ আছাম টক্ছৰ
আগত দিয়া এক সাক্ষাৎকাৰত কৈছে- ‘অখিল গগৈৰ কাৰণেই এনেকুৱা হ’বলৈ পালে৷' এই কথাৰ মাজত কিছু হ’লেও সত্যতা আছে
বুলি ধাৰণা কৰিছে সচেতন মহলে। কাৰণ কাজিৰঙাত উচ্ছেদিত পৰিয়ালৰ বহুতৰে ১৯৫১ চনৰ এন
আৰ চিত নাম আছে। দেওচুৰ চুং, বান্দৰডুবি আৰু পালিখোৱাত উচ্ছেদ হোৱা ৪৮ টা
পৰিয়ালৰ মাটিৰ পট্টা আছে বুলিও একাংশই দাবী কৰিছে। ১৯৬০ চনত স্থাপিত বিদ্যালয় আৰু
১৯৫১ চনত স্থাপিত মছজিদ এখনো আছে বুলি স্থানীয় লোকে দাবী কৰিছে। চৰকাৰৰ তৰফৰপৰা
বিজুলি যোগান ধৰাৰ লগতে পি এম জি ওৱাইৰ ৰাস্তাও আৱণ্টন দিয়া হৈছিল এইসকল
লোকৰ কাৰণে। এই লোকসকলক ১৯৮৬ চনতে তেতিয়াৰ অগপ চৰকাৰৰ আমোলত সংস্থাপন দিয়া হৈছিল বুলি
স্বয়ং অগপ নেতাসকলে স্বীকাৰ কৰিছে। তদুপৰি উচ্ছেদিত গাঁওকেইখন ষষ্ঠ অনুসূচীৰ
তালিকাত নাই বুলিও প্রাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ
আগত দৃঢ়তাৰে প্ৰকাশ কৰিছে। সেয়ে যেহেতু ২০১৫ চনৰ ৯
অক্টোবৰত হাইকোর্টৰপৰা ৰায় দিয়া হৈছিল, সেয়ে তেওঁলোকৰ আইনৰ আশ্রয় লোৱাৰ
পৰ্যাপ্ত অৱসৰ আছিল। গতিকে হাইকোর্টৰ ৰায়ৰ বিৰুদ্ধে এই নিৰীহ মানুহখিনিক উচটাই
যুদ্ধং দেহিভাবে অৱস্থান ল’বলৈ উৎসাহিত নকৰি এইসমূহ নথিৰ
জৰিয়তে আগতীয়াকৈ আইনৰ আশ্ৰয় ল’ব পাৰিলেহেঁতেন। তাকে নকৰি একেবাৰে অন্তিম
মুহূৰ্তত নিৰীহ লোকক উচটাই হাইকোর্টৰ ৰায়ক উলংঘা কৰি প্ৰশাসনৰ বিৰুদ্ধে
যাবলৈ উৎসাহিত কৰাটো উচিত হোৱা নাই বুলি বহুতে ধাৰণা কৰিছে।
এই ক্ষেত্ৰত চৰকাৰৰ ভুল
নীতিৰ লগতে হিমন্তবিশ্ব শৰ্মাৰ মন্তব্যকো বহুতে সমালোচনা কৰিবলৈ লৈছে। কাৰণ
উচ্ছেদিত পৰিয়ালক চৰকাৰে ৪০ দিনৰ ভিতৰত ক্ষতি পূৰণ দিয়াৰ কথা ঘৈাষণা
কৰিছিল। এইখিনিলৈকে মোটা-মুটি ঠিকেই আছিল। কিন্তু ক্ষতিপূৰণৰ ক্ষেত্ৰত হিমন্ত
বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৰা এক মন্তব্যই ক্ষতিপূৰণৰ
ক্ষেত্ৰত সংখ্যালঘু মানুহখিনিৰ মনত ধুঁৱলী-কুঁৱলী বাতাৱৰণ সৃষ্টি কৰিছিল। কাৰণ
হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে, সন্দেহজনক
নাগৰিকৰ বাহিৰে আনবোৰ উচ্ছেদিত পৰিয়ালক ৪০ দিনৰ ভিতৰত পুনৰ সংস্থাপনৰ লগতে
উপযুক্ত ক্ষতি পূৰণ দিয়া হ’ব। সন্দেহযুক্ত বুলি কোৱাৰ লগে লগে ব্ৰটি চৰ
দিনৰপৰা অসমত বৈধভাবে বসবাস কৰি থকা ধর্মীয় সংখ্যালঘু মানুহখিনি ভীতিগ্রস্ত আৰু সন্দিহান হৈ
পৰে। কাৰণ অসম আন্দোলনৰ পাছৰ পৰা বংগীয় মূলৰ সকলো মানুহকে সন্দেহযুক্ত নাগৰিকৰ
শাৰীত পেলোৱাটো প্ৰায় পৰম্পৰাৰ দৰে হৈ পৰিছে, যদিও সম্প্ৰতি
অসমত বসবাস কৰি থকা সৰহ সংখ্যক ধর্মীয় সংখ্যালঘু মুছলমান তেতিয়াৰ অসমৰ
বুদ্ধিজীৱীসকলৰ পৰামৰ্শ আৰু ব্ৰিটিচ চৰকাৰৰ পৃষ্ঠপোষকতাত সেউজ বিপ্লৱ সূচনা
কৰিবলৈ অবিভক্ত ভাৰতবৰ্ষৰ বংগৰপৰা অসমলৈ উঠি আহিছিল। ইফালে অসম চুক্তি সম্পাদিত হোৱা ত্ৰিছ
বছতকৈও অধিক কাল পাৰ হ’ল। কিন্তু এই সুদীর্ঘ সময়ছোৱাত কোন বিদেশী আৰু
কোন স্বদেশী চিনাক্ত কৰা নহ’ল, যিটো নেকি জাতি-ধর্ম- বৰ্ণ নির্বিশেষে
সকলোৱে আন্তৰিকতাৰে বিচাৰে। গতিকে ৪০ দিনত সন্দেহযুক্ত নাগৰিক চিনাক্ত কৰি
ক্ষতিপূৰণ দিয়া কথাটো বহুতেই বিশ্বাসত ল’ব পৰা নাছিল আৰু
ভূক্তভোগী লোকসকলে সন্দেহযুক্ত নাগৰিকৰ নামত চৰকাৰে প্ৰকাৰন্তৰে সিহঁতক
আভুৱা-ভাঁৰা বুলি ভাবিবলৈ বাধ্য হৈছিল। সেয়ে সিহঁতে ক্ষতিপূৰ্ণৰ আগতে
নিজৰ বাসভূমি এৰি যাব খোজা নাছিল। প্ৰকৃতাৰ্থত ক’বলৈ গ'লে অখিল গগৈৰ
উচটনিয়েও এই ক্ষেত্ৰত টনিকৰ দৰে কাম কৰিছে। নহ'লে সংখ্যলঘূ
মানুহবোৰে হয়তো চৰকাৰৰ বিৰুদ্ধে যুদ্ধং দেহি মনোভাবেৰে আৰক্ষীৰ বিৰুদ্ধে অৱস্থান
গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱৰিলেহেঁতেন।
ভূক্তভোগীৰ ভাষ্যৰ পৰা
প্ৰকাশ পাইছে যে, এই সকল মানুহ আন্তৰিকভাবে জাতি ভেটি মাটিৰ
স্বাৰ্থত মাটি এৰি দিবলৈ সন্মত আছিল, তেওঁলোকে মাথোন পুনৰ
সংস্থাপনৰ দাবীতহে অৱস্থান লৈ আছিল। সেয়ে চৰকাৰ আন্তৰিকতাৰে তলত উল্লেখ কৰা
তিনিটামান পদক্ষেপ গ্ৰহণ কৰিলে এই অবাঞ্ছিত পৰিস্থিতিৰ পৰা হাত সাৰিব
পাৰিলেহেঁতেন। (১) উচ্ছেদৰ আগতেই সন্দেহযুক্ত নাগৰিকসকলক চিনাক্ত কৰিব লাগিছিল।
(২) সংখ্যালঘু লোকসকল স্বাভাৱিকতেই অলপ হ'লেও হীনমান্যতাত ভোগে। সেয়ে সংখ্যাগুৰু বসতি প্রধান
গাঁৱসমূহো যেহেতু উচ্ছেদৰ তালিকাত আছে, সেয়ে সংখ্যাগুৰু
গাঁওসমূহত প্ৰথমতে উচ্ছেদ চলালে, সংখ্যালঘূৰ বিৰুদ্ধে কোনো ৰাজনৈতিক ষড়যন্ত্র
নাই বুলি সিহঁতে উচ্চন্যায়ালয়ৰ সিদ্ধান্ত দ্বিধাহীনভাবে আন্তৰিকতাৰে মানি
ল’লেহেঁতেন। (৩)
এওঁলোকৰ মাজলৈ গৈ উচ্ছেদৰ প্ৰয়োজনীয়তাৰ কথা বিতংভাবে বুজাই এওঁলোকক মানসিকভাবে
প্রস্তুত কৰি ল'ব পাৰিলেহেঁতেন। চৰকাৰৰ তৰফৰ পৰা লোকসকলৰ মাজলৈ গৈ বুজোৱা হৈছে বুলি কোৱা হৈছে
যদিও এই ক্ষেত্ৰত চৰকাৰ আন্তৰিক নাছিল বুলি একাংশই দাবী কৰিছে। পক্ষান্তৰে চৰকাৰে বিশেষকৈ
সংখ্যাগুৰু লোকসকলৰ প্ৰতিহে অধিক গুৰুত্ব দিছিল বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। (৪) আদিবাসীসকলৰ
যেহেতু নিজা গাঁও আছেই, চৰকাৰ অলপ তৎপৰ হ’লে হয়তো
তেওঁলোকক তাতেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। সম্প্রতি এই
উচ্ছেদ অভিযানক বহুতে পক্ষপাতদুষ্ট আৰু নিৰীহৰ ওপৰত আতিশয্য আখ্যা দিবলৈ তৎপৰ
হৈছে। বহুতে এই উচ্ছেদ কার্যত সাম্প্ৰদায়িকতাৰ গোন্ধও পাইছে। উচ্ছেদৰ
জৰিয়তে চৰকাৰে সাম্প্ৰদায়িকতাৰ বীজ সিঁচিছে বুলি ইতিমধ্যে অখিল গগৈয়ে দাবী
কৰিছেই। ঘটনাক্রম লৈ লক্ষ্য কৰি বহুতে এই কথা বিশ্বাস কৰিবলৈও বাধ্য
হৈছে। কাৰণ এতিয়ালৈকে মাথোন সংখ্যালঘু আদিবাসী আৰু মুছলমানৰ বিৰুদ্ধেহে উচ্ছেদ
চলোৱা হৈছে। এই ধাৰণাৰ
বশৱৰ্ত্তী হৈ সংখ্যালঘু মুছলমান আৰু আদিবাসীসকল ক্ষুব্ধ হৈ উঠিছে আৰু ১৬
চেপ্তেম্বৰত আদিবাসী জাতীয় মহাসভা আৰু ২০ চেপ্তেম্বৰত অসম সংখ্যালঘু ছাত্র সংস্থা চমুকৈ
আমছুই নিহত-আহতৰ ক্ষতিপূৰ্ণ আৰু উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত অসম বন্ধ
ঘোষণা কৰিছে। সেয়ে এই
দুই সম্প্ৰদায়ৰ মনৰপৰা সন্দেহৰ মনোভাৱ আঁতৰ কৰিবলৈ চৰকাৰে অতি সোনকালে আন আন
নিৰ্দ্ধাৰিত সংখ্যাগুৰু এলেকাত উচ্ছেদ চলোৱাৰ লগতে উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ
সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব।
অসমত শান্তিৰ বাতাৱৰণ
সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা শান্তিকামী প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে।
(জনসাধাৰণ-৩০-০৯-১৬)
প্ৰসংগঃ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।
আমাৰ ভাৰতীয় সংবিধানে
সকলো নাগৰিককে সম অধিকাৰ প্ৰদান কৰিছে। মাথোন সম অধিকাৰ প্ৰদানে নাগৰিকৰ
গণতান্ত্রিক সাৰ্থকতা পূৰণ নকৰে। সকলোৱে সমান সুযোগ পোৱাটোও জৰুৰী।
সংবিধানে এই সমান সুযোগ পোৱাৰো প্ৰতিশ্ৰুতি দিছে; কিন্তু বিদেশী
সমস্যাই অসমৰ কিছু বিশেষ জনগোষ্ঠীক সংবিধানৰ এই প্ৰতিশ্ৰুতিৰপৰা যোৱা
ত্ৰিছটা বছৰে আঁতৰাই ৰাখিছে। যাৰ ফলত সেইসকল মানুহৰ অধিকাৰ আছে ঠিকেই; কিন্তু অধিকাৰ সাৱ্যস্ত কৰাৰ
সুযোগ নাই। কাৰণ আন্ধাৰ ঘৰত চোৰ মানে, সকলোতে চোৰ। অৰ্থাৎ
বিদেশী আছে মানে সকলো সন্দেহজনক নাগৰিক। সন্দেহজনক মানে কিছু কিছু
নাগৰিক অধিকাৰৰপৰা বঞ্চিত হ’বলৈ বাধ্য। সম্পূৰ্ণৰূপে বঞ্চিত নহ’লেও আংশিক ভাবে।
ফলত অযথা হাৰাশাস্তি। উদাহৰণ স্বৰূপে, ল’ৰাজন অথবা ছোৱালীজনীৰ
উচ্চশিক্ষাৰ বাবে স্থায়ী বাসস্থানৰ প্ৰমাণ পত্র প্রয়োজন। সন্দেহযুক্ত নাগৰিকৰ
তালিকাত থকাৰ ফলত মাটিৰ পট্টা, ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী,১৯৬৬ আৰু ১৯৭০
চনৰ ভোটাৰ তালিকাত ব্যক্তিৰ নিজৰ অথবা পূৰ্বপুৰুষৰ নাম থকা সত্ত্বেও একাংশ মানুহ
বিদেশীৰ নামত অযথা হাৰাশাক্তিৰ সন্মুখীন হৈ আছে। বহু সময়ত সময় মতে স্থায়ী বাসিন্দাৰ
প্ৰমাণ পত্ৰ নোপোৱাৰ ফলত এই সকল মানুহৰ বহুতো ল’ৰা-ছোৱালীৰ উচ্চশিক্ষা
বাধাগ্রস্ত হৈছে। বহুতে আকৌ হাৰাশাস্তিৰ ভয়ত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
সংগ্ৰহৰ পৰাই বিৰত থাকিবলগা হৈছে। দায়িত্ব আছে, কিন্তু ক্ষমতা নাই, এনেকুৱা
কৰ্তৃত্বৰ পদ যেনেকৈ পংগু, তেনেকৈ অধিকাৰ আছে, অথচ প্ৰদানৰ
সুযোগ নাই তেনেকুৱা অধিকাৰো মূল্যহীন।
তদুপৰি সন্দেহযুক্ত
বিদেশীৰ তালিকাখন ৰাজনৈতিক দল-সংগঠনৰ লগতে এচাম জাতিয়তাবাদী সংগঠনৰ কাৰণে সোণৰ
কণীপৰা হাঁহত পৰিণত হৈছে। কাৰণ প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিদেশীৰ
সমস্যালৈ ৰাজ্যখনত এক অস্থিৰ পৰিৱেশ সৃষ্টি হয়। ফলত ভোটাৰে বিগত ত্ৰিছটা বছৰত
সুস্থ মস্তিষ্কৰে ভোট
প্রদান কৰিব পৰা নাই। এচামে ভোট প্রদান কৰে অস্তিত্ব ৰক্ষাৰ নামত আৰু আন এচামে ভোট
প্রদান কৰে ৰাষ্ট্ৰীয়তা অক্ষুণ্ণ ৰখাৰ নামত। যাৰ ফলত
নিৰ্বাচনী ইস্তাহাৰত অসমৰ মূল সমস্যা বানপানী, গৰাখহনীয়া, নিৱনুৱা, কৃষকৰ সমস্যা আদি
তল পৰি গৈছে, বিদেশী সমস্যাটোৱে মুখ্যস্থান পাইছে। অর্থাৎ বিদেশী খেদা আন্দোলনৰ পাছৰপৰা
প্ৰতিটো নিৰ্বাচনতে ভোটাৰে অস্তিত্বৰ সংকটত ভুগি আবেগৰ দ্বাৰা পৰিচালিত হৈ ভোট
প্ৰদান কৰি আহিছে। যাৰ ফলত চৰকাৰখনে ৰাজ্যৰ উন্নয়নতকৈ জনসাধাৰণৰ আবেগক বিশেষভাবে গুৰুত্ব
প্ৰদান কৰিব লগা হৈছে। সহজ ভাষাত ক’বলৈ গ'লে ‘প্ৰেচাৰ গ্ৰুপ’ৰ প্ৰেচাৰ
নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ অধিক সময় ব্যস্ত থাকিবলগা হৈছে। চৰকাৰৰ এই দুৰ্বলতাৰ
সুযোগলৈ অসমত নানা ধৰণৰ অসামাজিক কাৰ্য-কলাপ সংঘটিত হোৱাৰ লগতে ভ্ৰষ্টাচাৰ, দুৰ্নীতি গা কৰি
উঠাৰ সুযোগ পাইছে। ইয়াৰ ফলত অসমৰ জাতীয় জীৱনৰ সৌষ্ঠৱ, শক্তি আৰু আনন্দ বিনষ্ট হৈছে।
উন্নয়ন ব্যাহত হৈছে। এচামে দুৰ্নীতিৰ জৰিয়তে টকাৰ পাহাৰ গঢ়িছে আৰু আন এচাম সেই
পাহাৰৰ তলত প্ৰচণ্ডভাবে পিষ্ট হৈছে। দুৰ্নীতিৰ ফলত চৰকাৰৰ
কল্যাণমূলক আঁচনিও এচাম সুবিধাবাদীৰ কাৰণে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। চৰকাৰৰ
দুৰ্নীতি নিৰোধক আইনেও এচাম ৰাজনৈতিক নেতা আৰু ৰাজকৰ্মচাৰীক নতুনকৈ উৎকোচ
গ্ৰহণৰ বাট প্রশস্ত কৰি দিছে।
ব্রিটিচ শাসন কালত
ব্ৰিটিচে শাসন কার্য পৰিচালনাৰ কাৰণে নিযুক্ত কৰ্মচাৰীৰ সুখ-স্বচ্ছন্দৰ প্ৰতি
গুৰুত্বাৰোপ কৰিছিল, বর্তমান শাসন ব্যৱস্থা পৰিচালনাৰ কাৰণেও
চৰকাৰে নিজৰ দুৰ্বলতাৰ ফলত ব্ৰিটিচৰ সেই নীতিকে সাৰথি কৰি চলিব লগা হৈছে। যাৰ ফলত
প্রশাসনিক বিষয়াই দুর্নীতি কৰিলেও চৰকাৰে অনুশাসন মুলক ব্যৱস্থা ল’ব পৰা নাই।
অভিযন্তাই নিম্নমানৰ ৰাস্তা, দলং আদি নিৰ্মাণ কৰিলেও শাস্তিমূলক ব্যৱস্থা
গ্ৰহণ কৰিবপৰা
নাই। ডাক্তৰে ৰোগীৰ
জীৱনলৈ হেতালি খেলিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰিবপৰা নাই। চৰকাৰী কৰ্মচাৰীয়ে
খোলাখুলি ভাবে উৎকোচ ল’লেও চৰকাৰ চকু মুদা কুলিৰ ভাও জুৰি থাকিব লগা হৈছে।
কাৰণ প্ৰেচাৰ গ্ৰুপৰ প্ৰেচাৰত চৰকাৰৰ ভাৱমূৰ্ত্তি বিধ্বস্ত হোৱাৰ ফলত চৰকাৰে নিজৰ
কৰ্মচাৰীক নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যৰ্থ হৈছে। ৰাজ্যৰ অর্থনীতি বিপর্যস্ত হৈছে। সকলো
ফালেদি ব্যর্থ হোৱাৰ ফলত চৰকাৰে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে আৰু নিজৰ
ব্যৰ্থতা অৰ্থাৎ লাজ ঢাকিবলৈ যি ইচ্ছা তাকে কৰিছে। আইন শৃংখলা ধোঁৱা চাঙত উঠিছে।
দ্রব্যমূল্য বৃদ্ধি পাইছে। সন্ত্রাসবাদী সংগঠনবোৰ গা কৰি উঠিছে।
দিন-দুপৰতে পাইকাৰী হাৰে গৰু-ছাগলীৰ দৰে নিৰীহ মানুহক হত্যা কৰিছে। মুঠ কথাত ক'বলৈ গ'লে ৰাজ্যত
নৈৰাজ্যৰ সৃষ্টি হৈছে। ফলত প্ৰচুৰ কেঁচামাল আৰু সম্ভাৱনা থকা সত্ত্বেও
ৰাজ্যত বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। কাৰণ অস্থিৰ ৰাজ্য এখনত কোনে অর্থ বিনিয়োগ
কৰিবলৈ আগবাঢ়ি আহিব।
ফলত একমাত্ৰ চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱাত বাঢ়নি পানীৰ দৰে নিৱনুৱা
সমস্যা বৃদ্ধি পাইছে।
তদুপৰি বিদেশী সমস্যাৰ
গইনালৈ সঘনে সংঘটিত হৈ থকা বন্ধ, হৰতাল, সমদলেও জনসাধাৰণক অস্থিৰ
কৰি ৰাখিছে। জাতীয় সংগঠনবোৰে বিদেশী খেদা আন্দোলনক উৎসৱত পৰিণত কৰি
ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰপৰা ৰাজপথলৈ উলিয়াই আনিছে। এচামে ১৯৭৯ চনৰপৰা ১৯৮৫
চনলৈকে জ্বলোৱা
জুইকুৰাকে গৰম কৰি ৰাখি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ব্যস্ত হৈ আছে। যাৰ ফলত
অসমৰ উন্নয়নমূলক কামৰ পৰিৱৰ্ত্তে বিদেশী সমস্যাইহে সততে অধিক গুৰুত্ব পাই আহিছে। ইয়াৰ
পৰা এচাম সুবধিাবাদী মানুহ লাভবানহৈছে যদিও সাধাৰণ জনতাৰ ওপৰত মাধমাৰ পৰিছে। সম্প্ৰতি বিদেশী
সমস্যাৰ ভেকোভাওনা এতিয়া সাধাৰণ জনতাই উপলব্ধি কৰিব পাৰিছে। ফলত সম্প্রতি
অনুষ্ঠিত হৈ থকা নাগৰিকপঞ্জী উন্নীত কৰণৰ যোগেদি অসমৰ প্ৰতিজন সাধাৰণ নাগৰিকে বিদেশী
সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনে এই সমস্যাৰ
স্থায়ী সমাধান কৰিব পাৰিব বুলি ভাবি আটায়ে নাগৰিক পঞ্জী উন্নীত
কৰণত পূৰ্ণ সহযোগ আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে।
অৱশ্যে ইয়াৰ মাজতে
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণ প্ৰক্ৰিয়াত প্ৰ-পত্ৰ আৰু চৰকাৰৰ কিছু কিছু
ভূমিকাকলৈ সাধাৰণ জনতাৰ মাজত কিছু সমালোচনাও নোহোৱাকৈ থকা নাই। কাৰণ চৰকাৰে
প্ৰদান কৰা প্ৰতিশ্ৰুতি সঠিকভাবে পালন কৰিবপৰা নাই যেন লাগে। কাৰণ ১৯৫১ চনৰ
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে ১৯৫২ চনৰপৰা ১৯৭১ চনলৈ ইতিমধ্যে প্রকাশিত সকলো ভোটাৰ তালিকা
ইণ্টাৰনেট যোগে উপলব্ধ হ’ব বুলি চৰকাৰে প্রতিশ্রুতি
দিছিল । কিন্তু বহু ক্ষেত্ৰত চৰকাৰে সেই প্রতিশ্রুতি ৰক্ষা কৰিবপৰা নাই। বহু ঠাইত
দেখা গৈছে যে, বহু গাঁৱৰ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ইণ্টাৰনেটত
উপলব্ধ হোৱা নাই। অথচ থানা অথবা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰপৰা সংগ্ৰহ কৰা
প্ৰতিলিপিত সেইসমূহ গাঁৱৰ মানুহৰ নাম ১৯৫১ চনৰ ৰাষ্ট্ৰীয়
নাগৰিক পঞ্জীত লিপিৱদ্ধ আছে। ১৯৬৬ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকা ইণ্টানেটত উপলব্ধ
হৈছে যদিও ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনৰ ভোটাৰ তালিকাৰ লগতে ১৯৬১ আৰু ১৯৭১ চনৰ
লোকপিয়লৰ তথ্য ইণ্টাৰনেটত উপলব্ধ হোৱা নাই। কিবা অসুবিধা বশতঃ ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ
তালিকাত নাম সন্নিৱিষ্ট নোহোৱা লোকসকল নিশ্চয় উপৰোক্ত তথ্যসমূহ ‘ইণ্টাৰনেট যোগে
আপলোড’ কৰিলে উপকৃত হ’ব পাৰিলেহেঁতেন। বৰ্তমান ‘লিংকেজ’ বিচাৰি বয়সিয়াল
বিবাহিত মহিলাসকলে যি হাৰাশাস্তিৰ সন্মুখীন হৈ আছে ১৯৬১ আৰু ১৯৭১ চনৰ লোকপিয়লৰ
তথ্য ইণ্টাৰনেটত উপলব্ধ হ'লে ইয়াৰপৰা সকাহ পালেহেঁতেন। সংৰক্ষণৰ সংকট অথবা কাৰিকৰি অসুবিধাৰ বাবে
সেইবোৰ ‘আপলোড’ কৰা হোৱা নাই যদিও এতিয়াও চৰকাৰে এই বিষয়ে চিন্তা-চৰ্চা কৰিলে বহুতে
উপকৃত হ’ব বুলি আশা কৰিব পাৰি।
তদুপৰি প্ৰ-পত্ৰত ভাষা, ধৰ্ম আৰু
জাতিয়তা প্ৰতিফলন কৰাৰ বাবে কোনো কলম (স্তম্ভ) নাই। অসমখন অনৈক্যৰ মাজতে ঐক্যৰ
দেশ। ই বহু ভাষা- ভাষীৰ বাসস্থান। অসমীয়া, বড়ো আৰু বাংলা চৰকাৰৰ দ্বাৰা স্বীকৃত ভাষা।
(অৱশ্যে বাংলা মাথোন বৰাক উপত্যকাৰ কাৰণেহে স্বীকৃত।) তদুপৰি অসমৰ জনজাতিসকলৰ
মাজত বহু উপভাষা প্ৰচলিত হৈ আছে। ইয়াৰ উপৰিও ভাৰতত প্রায় ৬০০ টা ভাষা আছে। তাৰে
প্ৰায়বোৰ ভাষাই কম-বেছি পৰিমাণে অসমতো ব্যৱহাৰ হয়। গতিকে ভাষাৰ কাৰণে
সুকীয়া কলম থাকিলে সেইবোৰ ভাষা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্রতিফলিত কৰাৰ সুযোগ পালেহেঁতেন।
ভাৰত এখন ধৰ্ম নিৰপেক্ষ
ৰাষ্ট্ৰ। ভাৰতৰ অংগ ৰাজ্য হিচাপে অসমো ধৰ্ম নিৰপেক্ষ। অসমত হিন্দু, মুছলমান, খ্রীষ্টান, শিখ, বৌদ্ধকে আদি কৰি বিভিন্ন
ধর্মাৱলম্বী লোক বাস কৰে। ধর্মীয় সংখ্যালঘূৰ কাৰণে চৰকাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ
কল্যাণমূলক আঁচনিও ৰূপায়ন কৰা হয় অসমৰ লগতে সমগ্ৰ ভাৰত বৰ্ষত।
গতিকে ভাষা প্রতিফলন কৰাৰ কাৰণে কলম থকাটো প্ৰয়োজন আছিল বুলি বহুতে ধাৰণা কৰিছে।
অসম নানা জাতি-উপজাতিৰ
সমন্বয়ত গঢ়লৈ উঠা এখন বিচিত্ৰ ৰাজ্য। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ২১৭ টা অনসূচিত
জনজাতি আছে। তাৰে অসমত আছে ২১ টা অনসূচিত জনজাতি। ইয়াৰে পাহাৰীয়া
অঞ্চলত ১২ টা আৰু ভৈয়ামত ৯ টা। ভাৰতীয় সংবিধানৰ ৩৪০ ধাৰাত পিচপৰা জাতিৰ কল্যাণৰ বাবে ব্যৱস্থা
গ্ৰহণ কৰাৰ কথা উল্লেখ আছে। সেই অনুসৰি ভাৰতত ২৫ টা সম্প্রদায়ক অনুসূচিত
সম্প্রদায় ভূক্ত কৰিছে। অসমত আকৌ এই অনুসূচিত জাতিৰ সংখ্যা ৩০
টা। ইয়াৰে সাতটা অন্যান্য পিচপৰা জাতিৰ অন্তৰ্ভূক্ত। এই অনুসূচিত জাতিসমূহৰ কাৰণে
চাকৰি-বাকৰিৰ ক্ষেত্ৰত সংৰক্ষণকে আদি কৰি বহু কল্যাণমূলক আঁচনিৰ ব্যৱস্থা আছে। গতিকে
সম্প্ৰদায়ৰ তথ্য লিপিৱদ্ধ কৰাৰ কাৰণে এটা কলম থকাটো প্রয়োজন আছিল বুলি বহুতে
উপলব্ধি কৰিছে। প্ৰ-পত্ৰখন অসমীয়া ভাষাত উপলব্ধ হোৱাৰ কাৰণে এফালে যেনেকৈ সুবিধা হৈছে, আনফালে এই
ক্ষেত্ৰত অসুবিধা হোৱাৰো আশংকা কৰিছে সচেতন মহলে। কাৰণ বিভাগীয় কৰ্তৃপক্ষৰ
কাৰ্যালৰপৰা মূল প্ৰ-পত্ৰসমূহ ইংৰাজীত পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ফলত অসমীয়াৰপৰা
ইংৰাজীলৈ অনুবাদ কৰাৰ সময়ত নামবোৰ ভুল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তদুপৰি
প্ৰ-পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া মাৰ্চ মাহৰ শেষৰ সপ্তাহৰপৰা আৰম্ভ কৰাৰ কথা আছিল যদিও
অজ্ঞাত কাৰণত কোনো কোনো অঞ্চলত প্ৰ-পত্ৰবোৰ জুন মাহতহে বিতৰণ কৰা হৈছে। গতিকে
কামবোৰ অধিক খৰতকীয়াকৈ কৰিবলগা হৈছে। ফলত প্ৰ-পত্ৰ পূৰণ তথা তথ্য
সংগ্ৰহৰ বাবে মানুহবোৰে হাবাথুৰি খাব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে। প্ৰ-পত্ৰ জমা
দিয়া সেৱাকেন্দ্ৰসমূহো কোনো কোনো অঞ্চলৰ কাৰণে দূৰত অৱস্থিত হোৱাৰ
অভিযোগো উত্থাপন হৈছে। পৰিয়ালৰ জ্যেষ্ঠ মূৰব্বীজন যেহেতু বয়সিয়াল মানুহ, সেয়ে গৰমৰ দিনত প্ৰচণ্ড ৰ'দৰ মাজত শাৰী
পাতি প্ৰ-পত্ৰ জমা দিয়াৰ ক্ষেত্ৰতো অসুবিধা ভোগ কৰিব লাগিব বুলি বহুতে আশংকা
কৰিছে। প্ৰ-পত্ৰৰ ৩ নম্বৰ টোকাতো আপত্তিজনক এটি টোকা সন্নিৱিষ্ট হৈ আছে বুলি
বহুতে আপত্তি তুলিছে। কাৰণ টোকাটোত উল্লেখ কৰা আছে- ৰাষ্ট্ৰীয়তাৰ উল্লেখিত তথ্য
আবেদনকাৰীৰ দ্বাৰা ঘোষিত ইয়াৰ দ্বাৰা নাগৰিকত্বৰ অধিকাৰ সাৱ্যস্ত নহ’ব। যেহেতু
পূৰ্বপুৰুষৰ তথ্যৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰণৰ প্ৰক্ৰিয়া চলিছে ইয়াত এই টোকাটো
সন্নিৱিষ্ট কৰাৰ অন্তৰালৰ ৰহস্য বহুতৰে বোধগম্য হোৱা নাই। যিয়ে নহওঁক কিয়, সাধাৰণ
আসোঁৱাহসমূহ বাদ দিলে সামগ্রিকভাবে নাগৰিকপঞ্জী উন্নীত কৰণৰ প্ৰক্ৰিয়াৰ প্ৰতি
আটায়ে সন্তোষ প্রকাশ কৰিছে।
সামগ্রিক ভাবে আটায়ে
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম সুকলমে সমাধান হোৱাটো কামনা কৰিছে। কিন্তু
ইয়াৰ মাজতে সান্দহ খোৱা বালি তলপৰাৰ ভয়ত তলে তলে অসন্তুষ্ট কিছু
প্রতিক্রিয়াশীল দুষ্ট চক্ৰই উপৰোল্লিখিত কিছু আসোঁৱাহৰ গইনালৈ নাগৰিকপঞ্জী উন্নীত
কৰণত বাধাৰোপ কৰাৰ কাৰণে কম-বেছি পৰিমাণে সক্ৰিয় হৈ থকাটো স্বাভাৱিক। কিন্তু ৰাইজ সজাগ
থাকিলে সেই প্রতিক্রিয়াশীল শক্তিবোৰে হাত-ভৰি গোটাবলৈ বাধ্য হব।
(জনসাধাৰণ- ৩০/০৬/১৫)
বি, টি, এ,ডিৰ গোষ্ঠীগত
সংঘৰ্ষ আৰু ইয়াৰ উৎস
জন্মসূত্ৰে সকলো মানুহৰ
মৰ্যদা আৰু অধিকাৰ সমান। এয়া হ’ল এনেকুৱা এক অধিকাৰ যাক কাঢ়ি ল'ব পৰা নাযায় আৰু
মনুষ্যত্বৰ দাবীতেই এই অধিকাৰ মানুহৰ মাজত উপস্থিত। কিন্তু যোৱা ১৯
জুলাইৰ পৰা ২৬ জুলাই লৈ বি,টি,এ,ডিৰ কোকৰাঝাৰ আৰু
চিৰাঙকে আদি কৰি কেবাটাও জিলাত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ ফলত মানব অধিকাৰ হৰণৰে
ঘটনা সংঘটিত হ’ল। বিভিন্ন মাধ্যমযোগে জানিব পৰা মতে এই সংঘৰ্ষৰ ফলত ৫৩ জন লোক নিহত, ৬৭ জন আহত আৰু ৬
জন লোক নিৰুদ্দেশ হোৱাৰ লগতে প্ৰায় তিনি লাখ মানুহ গৃহহীন হৈছে। গৃহহীন
মানুহবিলাকে ২৫০ টা আশ্রয় শিৱিত আশ্ৰয় লৈ খাদ্য-পানীয় আৰু চিকিৎসাৰ অভাৱত
আলৈ-আহুকালৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে আৰু নিজৰ ঘৰ-বাৰী আৰু আপোনজন হেৰুৱাৰ বেদনাত
শিৱিৰবোৰত এক হাহাকাময় পৰিস্থিতি বিৰাজ কৰি আছে—ভি,ডি,ও ফুটেজত যিবোৰ দৃশ্য
প্রত্যক্ষ কৰিলে নিজক একৈশ শতিকাৰ সভ্য মানুহ বুলি পৰিচয় দিবলৈ লাজ লাগে।
অসমত গোষ্টীগত সংঘর্ষ
এয়াই প্রথম সংঘটিত হোৱা নাই, ইয়াৰ আগতেও ১৯৮৩ চনৰ পৰা ২০০৮ চনলৈ কে’বাটাও গোষ্ঠীগত
সংঘর্ষ সংঘটিত হৈ গৈছে। ইয়াৰে দুটা লোমহর্ষক সংঘর্ষ বি,টি,এ,ডি এলেকাত ১৯৯৫
চন আৰু ২০০৮ চনত সংঘটিত হৈ গৈছে। উক্ত সংঘৰ্ষ দুটাৰ পাছত পুনৰ একে ধৰণৰ সংঘৰ্ষ
কেনেকৈ সংঘটিত হ’বলৈ পালে এই প্রশ্নই মানুহক ভবাই তুলিছে। কাৰণ
এটা ভুলৰে পুনৰাবৃত্তি হোৱাটো কোনোপধ্যেই সমর্থনযোগ্য হ’ব নোৱাৰে। অসমৰ
মাননীয় মুখ্যমন্ত্রী গগৈয়ে নিজেই কিছুদিন আগত এটা সংবাদ মেলত কৈছে- জীৱনত কে’বাটাও ভুল কৰিছো
আৰু সেই ভুলৰপৰা শিক্ষালৈ মই পৰৱৰ্ত্তী পৰ্যায়ত লাভবান হৈছোঁ। কিন্তু দুখৰ বিষয়, ব্যক্তিগত জীৱনত
কৰা ভুলৰ পৰা শিক্ষা লৈ লাভবান হ'লেও ৰাজনৈতিক জীৱনত হোৱা ভুলৰপৰা
শিক্ষালৈ তেওঁ লাভবান হ’ব পৰা নাই। যদি লাভবান হ’ব পাৰিলেহেঁতেন
তেনেহ'লে নিশ্চয় তেওঁৰ কাৰ্যকালত ২০০৮ চনত ওদালগুৰিত সংঘটিত হোৱা
গোষ্ঠীগত সংঘৰ্ষৰ পুনৰাবৃত্তি নহ'লহেঁতেন আৰু তেৱোঁ সমালোচনাৰ সন্মুখীন হ’ব লগা নহ'লহেঁতেন।
ৰাষ্ট্ৰসংঘৰ মহাসচিব
বুত্ৰোচ গালিয়ে তেওঁৰ ‘এন এজেণ্ডা ফৰ পিচ’ নামৰ গ্ৰন্থত
সংঘৰ্ষ সংঘটিত হোৱাৰ আগতে সম্পৰ্কৰ অৱনতি ৰোধ কৰাৰ বাবে সতর্কতা আৰু
কূটনৈতিক প্ৰয়োজনৰ কথা উল্লেখ কৰিছে। সংঘৰ্ষক বাধা দিয়াৰ বাবে শান্তিপূর্ণ উপায়
উলিয়াই পূৰ্বৰে পৰাই সংঘৰ্ষক বাধা দিয়াৰ প্ৰস্তুতি গঢ়ি তোলাৰ বাবে
তেওঁ পৰামৰ্শ দিছে। সংঘৰ্ষ এৰাই চলাৰ বাবে পূৰ্বৰে পৰা সতর্কতামূলক ব্যৱস্থা
গ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰিছে উক্ত গ্ৰন্থখনত।
লগতে সংঘৰ্ষৰ সূচনা কৰিব পৰা কাৰকসমূহ চিহ্নিত কৰি অভ্যন্তৰীণ অভাৱ-অভিযোগসমূহ
নিসন কৰাৰ বাবেও তেওঁ পৰামৰ্শ দিছে। এইবোৰ কৰিবলৈ হ'লে সদিচ্ছাৰ লগতে
দুদৃষ্টি সম্পন্ন হোৱা প্ৰয়োজন। শুনিবলৈ বেয়া যেন লাগিলেও, আমাৰ চৰকাৰখনৰ
লগতে সকলো দল- সংগঠনৰে এই দুয়োটাৰে অভাৱ পৰিলক্ষিত হ’ল বি,টি,এ,ডিৰ ঘটনাৰ সময়ত।
কাৰণ প্ৰতিটো ৰাজনৈতিক দলকে সংঘৰ্ষপীড়িত মানুহৰ প্ৰতি চৰকাৰৰ দায়িত্বহীনতা, অদূৰৰ্শিতা আৰু
অকর্মণ্যতাৰ কিছুমান খতিয়ান দাঙি ধৰি নিজৰ দলৰ ভাৱমূৰ্তি জনমানসত উজ্জ্বল কৰাৰ
কাৰণে ব্যস্ত থকা দেখা গ'ল। সংঘর্ষ উপশম কৰাৰ কাৰণে বাস্তৱ পদক্ষেপ গ্ৰহণ
কৰাৰ বিপৰীতে সংঘৰ্ষৰ প্ৰকৃত কাৰণ চিহ্নিত নকৰাকৈয়ে ৰাজনৈতিক নেতাসকলে কিছুমান
টুলুঙা আৰু দায়িত্বহীন
মন্তব্যৰে দুটা গোষ্ঠীৰ মাজত সন্দেহৰ বীজহে সিঁচা দেখা গ'ল।
মোৰ ভনী-জোঁৱাই এজন
ৰাজস্থানত ঔষধ কোম্পানী এটাত চাকৰি কৰে। সেইসূত্ৰে সি পৰিয়াল লৈ ৰাজস্থানত থাকে।
ভাগিনী ছোৱালীজনী সৰুৰে পৰা মাক-দেউতাকৰ লগত ৰাজস্থানত ডাঙৰ-দীঘল হৈছে।
তাই অসমত থকা গাঁৱৰ ঘৰলৈ আহিলে বাৰাণ্ডাত চপ্পল থৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ মজিয়া
কেঁচা। গতিকে চপ্পল ভৰিত দিয়ে ঘৰৰ ভিতৰলৈ সোমাবলৈ কোৱা হয় যদিও তাই বাৰে বাৰে
চপ্পল বাৰাণ্ডাত থৈয়ে ঘৰৰ ভিতৰত সোমায়। আচলতে সিহঁত ৰাজস্থানত পকী ঘৰত থাকে। তাত চপ্পল
বাহিৰত থৈ ঘৰৰ ভিতৰত সোমাব লাগে। ফলত চপ্পল বাহিৰত থৈ ঘৰৰ ভিতৰলৈ সোমোৱাটো তাইৰ অভ্যাসত
পৰিণত হৈছে। স্থান-কালৰ কথা চিন্তা নকৰাকৈয়ে সেয়ে বাৰে বাৰে কোৱা সত্ত্বেও তাই
চপ্পল বাহিৰত থৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ভাগিনী ছোৱালীজনীৰ দৰে আমাৰ অসমৰ কিছুসংখ্যক
দল-সংগঠনৰ সকলো পৰিস্থিতিতে চৰকাৰক দোষাৰূপ কৰাৰ লগতে অসমৰ বাংলাভাষী মুছলমানৰ লগত
কিবা ঘটনা সংঘটিত হ’লে বাংলাদেশীৰ প্ৰসংগ উত্থাপন কৰাটো যেন
অভ্যাসত পৰিণত হৈছে।
কোকৰাঝাৰত সংঘটিত হোৱা
গোষ্ঠীগত সংঘৰ্ষৰ সময়তো তাৰেই প্ৰমাণ পোৱা গ'ল। হাগ্ৰামা মহিলাৰীয়ে
তৃতীয় শক্তিৰ হাত অর্থাৎ বাংলাদেশী অনুপ্ৰৱেশকাৰী সংঘৰ্ষৰ আঁৰত জড়িত থকা বুলি
পোনপটীয়াভাবে অভিযোগ উত্থাপন কৰা দেখা গ'ল। (কেন্দ্ৰীয় গৃহসচিব
আৰ,
কে সিঙে উক্ত অভিযোগ অৱশ্যে
লগে লগে খণ্ডন কৰিছে।) অথচ এই গৰাকী নেতাই অসমত সময়ে সময়ে বাংলাদেশীৰ প্ৰসংগ
উত্থাপন হোৱাৰ সময়ত হেনো খুলা- খুলিভাবে কৈছিল- আমাৰ বড়োলেণ্ডত কোনো
বাংলাদেশী নাই। ২০০৫ চনত যিসকলে আমাক ভোট দিছে সিহঁতেই ভাৰতীয় নাগৰিক। (হেনো বুলি কোৱাৰ কাৰণ হ’ল, এয়া মোৰ ভাষ্য
নহয়, এয়া বি,টি,এ,ডিত বসবাস কৰা মুছলমানৰ ভাষ্য। সংঘৰ্ষৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে কৈছে-
বড়োলেণ্ডত বসবাস কৰা মুছলমানসকলে বড়োৰ লগত শান্তিপূর্ণভাবেই বসবাস কৰিব বিচাৰে, বাহিৰৰ পৰা মানুহ
আহিহে এই সংঘর্ষ সংঘটিত কৰিছে। মহিলাৰীৰ এই ভাষ্যই উপৰোক্ত ভাষ্যৰ সত্যতাকে প্রমাণ
কৰে।) একে গৰাকী নেতাই সাম্প্রতিক সংঘর্ষ সংঘটিত হৈ থকাৰ সময়ত ব্ৰহ্মপুত্ৰ নদ পাৰ
হৈ বাংলাদেশীয়ে
অনুপ্ৰৱেশ কৰি সংঘৰ্ষ সংঘটিত কৰা বুলি কৈ সংঘৰ্ষটোক সাম্প্ৰাদায়িক ৰূপ দিয়াৰ
বাবে চেষ্টা চলোৱাৰ আঁৰত গভীৰ ৰহস্য লুকাই থকা যেন অনুমান হয়।
ভাৰতীয় জনতা দলৰ
ৰাষ্ট্ৰীয় সম্পদিকা গৰাকীয়ে আশ্রয় শিৱিত আশ্ৰয় লৈ থকা মানুহবিলাকৰ লগত মত
বিনিময় কৰি সংঘৰ্ষৰ প্ৰকৃত কাৰণ অনুধাৱন নকৰাকৈয়ে সকলো ব্যৰ্থতাৰ বাবে অসম
চৰকাৰক দায়ী কৰি ৰাষ্ট্ৰপতি শাসনৰো দাবী উত্থাপন কৰিলে। জৰুৰী পৰিস্থিতিৰ
সন্মুখীন হ’ব পৰাকৈ আমাৰ দেশৰ
সংবিধানে ৰাষ্ট্ৰপতিক জৰুৰী ক্ষমতা প্রদান কৰিছে আৰু তেওঁ তিনি প্ৰকাৰৰ জৰুৰী
ক্ষমতা প্রয়োগ কৰিব পাৰে। (১) সংবিধানৰ ৩৫২ নম্বৰ অনুচ্ছেদ অনুসৰি যুদ্ধৰ আশংকা আৰু
বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ ভয়ত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।(২) ৩৫৬ নম্বৰ
অনুচ্ছেদ অনুসৰি কোনো এখন ৰাজ্যত সাংবিধানিক অচলাৱস্থা সৃষ্টি হ’লে ৰাজ্যিক জৰুৰী
অৱস্থা ঘোষণা কৰিব পাৰে। (৩) ৩৬০ নম্বৰ অনুচ্ছেদ অনুসৰি দেশৰ বিত্তীয় অৱস্থা
বিপদগ্রস্ত হ’লে আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। কিন্তু ২৮ খন জিলাৰ ভিতৰত মাথোন ৩ খন
জিলাত সাময়িকভাবে আইন পৰিস্থিতি অৱনতিৰ বাবেই ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰি
সংঘৰ্ষপীড়িতৰ প্ৰতি দায়িত্ববোধ প্ৰদৰ্শন কৰাতকৈ নিজৰ দলৰ ভাৱমূর্তি উজ্জ্বল কৰাৰ
কাৰণেহে অধিক সক্ৰিয় হোৱা দেখা গ'ল। প্ৰকৃততে সংঘর্ষ এটা সংঘটিত হোৱাৰ সময়ত
ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি প্ৰৰোচনামূলক বক্তব্য প্রদানতকৈ সংঘৰ্ষ কেনেকৈ
বন্ধ কৰিব পাৰে তাৰ বাবেহে পৰামৰ্শ আগবঢ়োৱা উচিত আছিল; কিন্তু তাকে নকৰি
সম্পাদক গৰাকীক ৰাজনৈতিক লাভালাভৰ কথা চিন্তা কৰি চৰকাৰক দোষাৰোপ কৰাতহে ব্যস্ত থকা
দেখা গ'ল।
যিকোনো সংঘৰ্ষৰ উৎস হ’ল দীর্ঘদিনীয়া
অভাৱ-অভিযোগ আৰু বৈষম্যৰ পৰা গঢ় লৈ উঠা বিচ্ছিন্নতাবাদী মনোভাৱ। বি,টি,এ,ডি গঠন হোৱাৰ প্রাক্লগ্নতে
বড়োভূমিত বড়ো আৰু অনাবড়োৰ মাজত এক অনিশ্চয়তাৰ মনোভাৱ গা কৰি উঠিছিল আৰু সেয়া
আজিলৈকে অব্যাহত আছে। কাৰণ বি,টি,এ,ডি গঠনৰ সময়ত ৯৫
খন অনাবড়ো অধ্যুষিত গাঁও বি,টি,এ,ডিৰ অন্তৰ্ভূক্ত
কৰা হৈছিল। য’ত বড়ো মানুহৰ সংখ্যা আছিল মাথোন ২০ ৰ পৰা ৩০ শতাংশ। সেয়ে
এইসমূহ গাঁও ভৱিষ্যতে বি,টি,এ,ডিৰ পৰা আঁতৰাই
অনাৰ কথা আছিল। কিন্তু বি,টি,এ,ডি গঠন হোৱাৰ দহ
বছৰ পাছতো এই গাঁওসমূহ বি,টি,এ,ডিৰ অন্তৰ্ভূক্ত
হৈয়ে থাকিল। তদুপৰি বি,টি,এ,ডিত বসবাস কৰা
অনাড়োসকলে হেনো বড়ো সংগঠনসমূহক নিয়মিতভাবে ধন-ধান আদায় দি থাকিব
লাগে। ফলত অনাবড়োৰ মনত এক অনিশ্চয়তাৰ মনোভাৱ গা কৰি আছিল আৰু মনত উমি উমি ক্ষোভৰ
জুই জ্বলি আছিল। মাজতে
পৃথক বড়ো ৰাজ্য গঠনৰ
দাবী উত্থাপন হোৱাৰ লগে লগে সেই জুইৰে বহিঃপ্রকাশ ঘটে আৰু অনাবড়োসকল সংঘটিত হৈ
পৃথক বড়ো ৰাজ্য গঠনত বাধা দিয়াৰ বাবে বন্ধ-হৰতাল আদি পালন কৰিবলৈ ধৰে।
অনাবড়োৰ এই কাৰ্যত বড়োসকল বিশেষকৈ বড়ো নেতৃত্ব শংকিত হৈ উঠে। শংকা আন একোৱে নহয়, প্ৰাধান্য
হেৰুৱাৰ লগতে বড়োৰাজ্য গঠনত বিফল হোৱাৰ শংকা। ফলত কিবা এটা কৰাৰ প্ৰয়োজন হৈ
পৰিল। সেই কিবা এটা কৰাৰ মনোভাৱেৰে অনাবড়োসকলক এসেকা দিয়াৰ বাবে বড়ো নেতৃত্বই
এই সংঘৰ্ষৰ সূচনা কৰা বুলি সংঘৰ্ষ সংঘটিত হৈ থকাৰ সময়ত বিভিন্ন ব্যক্তি তথা
দল-সংগঠনৰ মতামতৰ পৰা স্পষ্টভাবে ওলাই পৰিছে। বড়ো চুক্তি সম্পাদন হোৱাৰ আগতো ১৯৯৫ চনত
একেধৰণৰ সংঘৰ্ষৰ সূত্ৰপাত কৰি অনাবড়োসকলক সন্ত্রস্ত কৰি বড়ো
নেতৃত্বই বি,টি,এ,ডি অর্থাৎ স্বায়ত্ব শাসন আঁজুৰি নিবলৈ সক্ষম হৈছিল। পৃথক বড়োৰাজ্য গঠনৰ
কাৰণেও একেটা অস্ত্ৰকে প্ৰয়োগ কৰা হৈছে বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব।
ধৰ্মীয় আৰু ভাষাগত
সংখ্যালঘু গোষ্ঠীভূক্ত ব্যক্তিৰ উপস্থিতি স্বীকাৰ কৰি সিহঁতৰ সুৰক্ষা আৰু বিকাশৰ
কাৰণে ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সংসদত সর্বসম্মতিক্রমে এক প্ৰস্তাৱ গ্ৰহণ কৰি
সংখ্যলঘূৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো ৰাষ্ট্ৰৰ প্রতি
আহ্বান জনোৱা হৈছে। চৰকাৰ আৰু সংখ্যাগুৰু সম্প্ৰদায়ৰ সদিচ্ছাৰ
ওপৰতহে সংখ্যালঘুৰ নিৰাপত্তা আৰু উন্নয়ন নিৰ্ভৰ কৰে। কিন্তু সংখ্যালঘুৰ প্ৰতি যে
চৰকাৰৰ সদিচ্ছা নাই এই কথা বি,টি,এ,ডিত সংঘটিত
সংঘৰ্ষৰ পৰা স্পষ্টভাবে ওলাই পৰিছে। কাৰণ সম্প্রতি সংঘটিত হোৱা সংঘৰ্ষটো চৰকাৰৰ
সংখ্যালঘূৰ প্ৰতি সদিচ্ছা আৰু আৰু অনীহাৰ ফলতে সংঘটিত হোৱা বুলি বিভিন্ন
দল-সংগঠনে পোনপটীয়াভাবে অভিযোগ উত্থাপন কৰি আছে। এনেকুৱা অভিযোগো উত্থাপন হৈছে যে, সংঘৰ্ষৰ বিষয়ে
চৰকাৰক আগতীয়াকৈ অৱগত কৰাৰ পাছতো চৰকাৰে উপযুক্ত পদক্ষেপ নোলোৱাৰ ফলত সংঘৰ্ষটো
সংঘটিত হ’বলৈ পাইছে। যাৰ ফলত চৰকাৰে বিভিন্ন সাহায্য আৰু পুনৰ সংস্থাপনৰ
নামত কোটী কোটী টকা অৰ্থ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। ঘটনা সংঘটিত হোৱাৰ আগত উপযুক্ত ব্যৱস্থা
গ্ৰহণ কৰা হ’লৈ চৰকাৰে ইমান টকা ব্যয় কৰাৰ প্ৰয়োজন নহ'লহেঁতেন আৰু
সমালোচনাৰো সন্মুখীন হ'ব লগা নহ'লহেঁতেন। সেয়ে ৰোগ হোৱাৰ পাছত
ৰোগৰ চিকিৎসা কৰাতকৈ যাতে ৰোগ হ’ব নোৱাৰে তাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰা উচিত
আছিল চৰকাৰৰ।
আমাৰ সমাজত এটি মুখৰোচক
নীতিগল্প প্রচলিত আছে। এসময়ত এজন মানুহে পৰুৱাৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ
বাৰাণ্ডাৰ বেৰত অকনমান মিঠৈ লগাই দিছিল। মিঠৈৰ গোন্ধ পাই লানি নিছিগা
পৰুৱা সোঁত ব’বলৈ ধৰিলে। সহজলভ্য খাদ্য পাই জেঠী এটাই পৰুৱাৰ শৰাৎ কৰিবলৈ ধৰিলে। এনেতে এটা মেকুৰী
আহি জেঠীটোক আক্ৰমণ কৰিলে। কুকুৰ আৰু মেকুৰীৰ সম্বন্ধ প্রায় সাপ-নেউলৰ দৰে। সেয়ে
মেকুৰীটোক আক্ৰমণ কৰিবলৈ কুকুৰ এটা লৰি আহিল আৰু কামুৰি মেকুৰীটোক জখম
কৰিলে। কুকুৰে মেকুৰীটোক জখম কৰা দেখি মেকুৰীৰ গৰাকীয়ে কুকুৰটোক আক্ৰমণ কৰি আহত কৰিলে। ফলত
কুকুৰৰ গৰাকীয়ে আহি মেকুৰীৰ গৰাকীক আক্ৰমণ কৰিলে। এইদৰে লাহে লাহে দুটা ফৈদৰ
সৃষ্টি হৈ সংঘৰ্ষৰ সূত্ৰপাত হ’ল আৰু উভয় পক্ষৰ মানুহ কাজিয়াত লিপ্ত হ’ল। শেষ মুহূৰ্তত
সমজুৱাৰ মধ্যস্থতাত দুটা ফৈদৰ মাজত শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ কাৰণে মেল বহিল
আৰু ঘটনাৰ প্রকৃত
কাৰণ যে মিঠৈ সেয়া ওলাই পৰিল।
বি,টি,এ,ডিত সংঘটিত হোৱা
ঘটনাও ঠিক একে ধৰণে সংঘটিত হৈছে বুলি বিভিন্ন দল-সংগঠনৰ মতামতৰ পৰা প্ৰায় স্পষ্ট
হৈ পৰিছে। সেয়ে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাক্তি বিহাৰ লগতে সংঘৰ্ষৰ কাৰ্কসমূহ
চিহ্নিত কৰি পুনৰ যাতে এনেকুৱা ভ্ৰাতৃঘাতী সংঘর্ষ সংঘটিত হ’ব নোৱাৰে তাৰ বাবে
চৰকাৰে ভৱিষ্যত কাৰ্যপন্থা গ্রহণ কৰিব লাগিব। লগতে ধার্য কৰা অর্থ সাহায্য যাতে
ভূক্তভোগীয়ে অনায়াসে পাব পাৰে চৰকাৰে তাৰো ব্যৱস্থা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ
শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। তেহে বি,টি,এ,ডিত স্থায়ী
শান্তি প্রতিষ্ঠা কৰা সম্ভৱ হ’ব। আমি সৰ্বসাধাৰণ ৰাইজে বি,টি,এ,ডিত স্থায়ী
শান্তি প্রতিষ্ঠা হোৱাটোকে কামনা কৰোঁ।
(গণ অধিকাৰ- ২০১৪)
মুছলমানসকলে
আত্মপক্ষ সমর্থনৰ
নীতি ত্যাগ কৰিবৰ
হ’ল
২০১৪ চনৰ অসম বিধান সভাৰ
বাজেট অধিবেশন চলি থকা সময়ত প্ৰমীলা ৰাণী ব্ৰহ্মই বড়োলেণ্ডত থকা অবৈধ
প্ৰব্ৰজনকাৰীৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে এ,আই,ইউ,ডি,এফে সদনৰ মজিয়াত
যি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিলে সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। কাৰণ
নীতিগতভাবেই প্রমীলা ৰাণীব্ৰহ্মৰ সেই প্ৰসংগ উত্থাপন কৰাৰ অধিকাৰ
আছিল। কাৰণ মূলতঃ বিদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰসংগলৈয়ে ১৯৮৫ চনত ভাৰত চৰকাৰ, ছাত্ৰসন্থা আৰু অসম যুৱ পৰিষদৰ
মাজত এক ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হৈছিল। কিন্তু এই ঐতিহাসিক চুক্তি
সম্পাদন হোৱাৰ ২৯ বছৰ পাছতো কোনো এখন চৰকাৰেই উক্ত চুক্তিৰ দফাসমূহ পূৰণৰ কাৰণে
আন্তৰিক সদিচ্ছা প্ৰকাশ নকৰিলে। গতিকে বিদেশী সমস্যা সমাধান নোহোৱালৈকে এই
সম্পর্কে প্রশ্ন উত্থাপনৰ অধিকাৰ মাথোন প্রমীলা ৰাণী ব্ৰহ্মৰে নহয় অসমৰ প্ৰতিজন
নাগৰিকৰে আছে আৰু থাকিব। এই ক্ষেত্ৰত মুছলমানসকলেও আগভাগ ল’ব লাগিব। কাৰণ
বিদেশীৰ নামত অসমৰ বাংলা মূলৰ অসমীয়া মুছলমানসকলেই অধিক হাৰাশাক্তিৰ সন্মুখীন হৈ
আছে আৰু এই হাৰাশাস্তিৰপৰা পৰিত্ৰাণ পোৱাৰ কাৰণে সততে আত্মপক্ষ সমর্থনৰ নীতি গ্ৰহণ
কৰি আহিছে। এই আত্মপক্ষ সমর্থনৰ নীতিয়ে মুছলমানসকলক অধিক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে আৰু ইয়াৰে সুযোগ
লৈ বহুতে ৰাজনীতিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে। ৰাজনীতিৰ এই ব্যৱসায়ৰ ফলত
পৰিস্থিতি স্বাভাৱিক হোৱাৰ পৰিৱৰ্তে ক্রমান্বয়ে জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে।
অসমৰ মুঠ জনসংখ্যাৰ ১৪
শতাংশ লোক চৰাঞ্চলত বাস কৰে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সৰু-বৰ চৰৰ সংখ্যা ২০৮৯
খন। ইয়াৰে সৰ্বাধিক চৰ বৰপেটা আৰু ধুবুৰী জিলাত অৱস্থিত। বৰপেটা
জিলাত ৩৫১ খন আৰু ধুবুৰী জিলাত ৩১৩ খন। এই চৰ গাঁওসমূহৰ মুঠ ভূমিৰ পৰিমাণ ২,৩৯,০০০ হেক্টৰ। ইয়াৰে
মাথোন ১,৬৭,৩০০ হেক্টৰ ভূমিহে কৃষি উপযোগী। চৰাঞ্চলৰ ৩০ শতাংশ পৰিয়াল ভূমিহীন। ৬০ শতাংশ
পৰিয়ালৰ ভূমিৰ পৰিমাণ সামান্য। মাথোন দহ শতাংশ পৰিয়ালৰ দখলত আছে ৮০
শতাংশ ভূমি। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ তাণ্ডৱৰ কথা কাৰো অবিদিত নহয়। অসমত এটা ৰাতিৰ ভিতৰত শ শ
পৰিয়াল গৃহহীন হৈ পৰাটো সম্প্রতি প্রায় নিত্তনৈমিত্তিক ঘটনাত পৰিণত হৈছে।
মাজুলীৰ সাম্প্ৰতিক পৰিস্থিতিলৈ দৃষ্টিপাত কৰিলে এই কথা স্পষ্টভাবে ওলাই পৰে। ২০০৭ চনত
দিল্লীত অনুষ্ঠিত মুখ্যমন্ত্ৰীসকলৰ বিত্তীয় অধিৱেশনত মুখ্যমন্ত্ৰী তৰণ গগৈয়েও এই
কথা স্বীকাৰ কৰিছে। তেওঁ কৈছিল যে, ১৯৫৭ চনৰ পৰা ২০০৭ চনলৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ
উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত অসমৰ মুঠ ভূমিভাগৰ ৮ শতাংশ ভূমি নৈৰ বুকুত
জাহ গৈছে আৰু এই খহনীয়াৰ ফলত ৬ ৰ পৰা ৭ লাখ মানুহ গৃহহীন হৈছে। এয়া চৰকাৰী
হিচাপ। বেচৰকাৰী হিচাপত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সচেতন মহলৰ
ধাৰণা।
বাংলাদেশী বুলি সন্দেহ
কৰা ধৰ্মীয় সংখ্যালঘু মুছলমানৰ গৰিষ্ঠ সংখ্যক লোক নৈপৰীয়া অঞ্চল তথা চৰ-চাপৰিত
বাস কৰে। ১৯৫০ চনৰ ১৫ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলত সংঘটিত হোৱা প্রবল
ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিভাগ ওপৰলৈ উঠি অহাত ১৯৫৭ চনৰপৰা ব্ৰহ্মপুত্ৰ আৰু
ইয়াৰ উপনৈসমূহৰ
গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে। এই গৰাখহনীয়াৰ ফলত এসময়ত মধ্যবিত্তৰ জীৱন যাপন
কৰা এই মুছলমান সম্প্ৰদায়ৰ এক বৃহৎ সংখ্যক পৰিয়াল পর্যায়ক্রমে ভূমিহীন কৃষকত
পৰিণত হৈ পৰিছে। প্ৰথমাৱস্থাত এই খহনীয়াগ্রস্ত লোকসকলক পুনৰ সংস্থাপনৰ কাৰণে ভূমি
আৱণ্টন দিয়া হৈছিল যদিও
শেষৰ পৰ্যায়ত চৰকাৰে এই প্ৰক্ৰিয়া বন্ধ কৰি দিয়াত এক বৃহৎ সংখ্যক পৰিয়াল
গৃহহীন হোৱাৰ লগতে কর্মহীন হৈ পৰিছে আৰু জীৱন আৰু জীৱিকাৰ তাড়নাত অসমৰ বিভিন্ন ঠাই
বিশেষকৈ চহৰ-নগৰত সিঁচৰতি হৈ পৰিছে। তেওঁলোকে তাত দিন মজুৰি, ঠেলা-ৰিক্সা চলাই
জীৱন নিৰ্বাহ কৰি আছে।
এই প্রক্রিয়া বিশেষকৈ ১৯৭৬ চনৰ পৰা আৰম্ভ হৈছে আৰু ১৯৮০ চনৰ পাছৰপৰা ভূমিহীন আৰু
কৰ্মহীন লোকৰ সংখ্যা অভাৱনীয় হাৰে বৃদ্ধি পাইছে । ফলত কৃষিৰ লগত জড়িত বহু
পৰিয়াল উজনি অসম, নগালেণ্ড, অৰুণাচল আদি ঠাইলৈ গৈ
ঠিকাভিত্তিক কৃষিকাৰ্য কৰি জীৱন নিৰ্বাহ কৰি আছে। এওঁলোকৰ বহুতে আকৌ ল’ৰা-তিৰোতালৈ
ইটাভাটাত শ্রমিক হিচাপে কৰ্মৰত হৈ আছে। পাছৰ পৰ্যায়ত এই সম্প্ৰদায়ৰ এটা অংশই
জীৱন আৰু জীৱিকাৰ
সন্ধানত লক্ষ্ণৌ, ৰাজস্থান, দিল্লী তথা কাশ্মীৰলৈ গৈ
কাগজ, চুলি বোটলা আদি কামত নিয়োজিত হৈ আছে আৰু একেবাৰে শেষৰ পর্যায়ত শিক্ষিত
তথা অৰ্দ্ধ শিক্ষিতচামে ৰাজস্থান, গোৱা, গুজৰাট, তামিলনাডু, কেৰেলা আদি
ৰাজ্যলৈ গৈ কল-কাৰখানাত শ্রমিক হিচাপে নিয়োজিত হৈ জীৱন নিৰ্বাহ
কৰি আছে। এই প্ৰক্ৰিয়া বৰ্তমানলৈকো অব্যাহত আছে। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা
এইসকল লোক অসম তথা ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ কৰ্মৰত হৈ থাকিলেও এওঁলোকৰ পৰিয়ালৰ
অন্যান্য সদস্যই অসমৰে বিভিন্ন চৰ-চাপৰি, মথাউৰি অথবা পৰিত্যক্ত
চৰকাৰী ভূমিত আশ্ৰয় লৈ আছে।
শিক্ষা-দীক্ষাৰ পৰা
বঞ্চিত এই লোকসকল ইমানেই দুৰ্ভগীয়া যে, গৰাখহনীয়াৰ কবলত পৰি এটা
নিশাৰ ভিতৰত ঘৰ-বাৰী হেৰুৱাই কেতিয়াবা কোনো চৰকাৰী ভূমিত বসতি স্থাপন কৰিলেও এওঁলোকক
সন্দেহযুক্ত বাংলাদেশীৰ তালিকাভূক্ত কৰি হাৰাশাস্তি কৰা হয়। কিন্তু দুখৰ বিষয় যে, কি কাৰণত ক’ৰ পৰা এইসকল
মানুহ এটা নিশাৰ ভিতৰত আহি চৰকাৰী ভূমিত বসতি স্থাপন কৰিব লগা হ’ল সেই বিষয়ে
সাধাৰণ মানুহতো বাদেই চৰকাৰেও খবৰ ল’বলৈ আহৰি নাপায়।
ধর্মীয় সংখ্যালঘূৰ প্ৰায় এশ শতাংশ লোকেই মাজে-সময়েই তথাকথিত সন্দেহযুক্ত বাংলাদেশীৰ
আৱৰ্তত পৰি হাৰাশাস্তি হ’ব লগা হৈছে যদিও খহনীয়াগ্রস্ত ভূমিহীন
লোকসকলেই অধিক পৰিমাণে বাংলাদেশীৰ নামত হাৰাশাস্তি হ’ব লগা হৈছে।
কিন্তু প্রতিবাৰেই এইসকল মানুহ ভাৰতৰ বৈধ নাগৰিক বুলি প্ৰমাণিত হৈছে। ইয়াৰ প্ৰমাণ হিচাপে
কেইটামান উদাহৰণ উল্লেখ কৰিব পাৰি-
(১) যোৱা ২০০৮ চনৰ আগষ্ট
মাহৰ প্ৰথম ভাগত বাংলাদেশী সন্দেহত অৰুণাচল আৰু নগালেণ্ডৰপৰা প্ৰায় তিনি হাজাৰ
শ্ৰমিকক খেদি পঠিওৱা হৈছিল। এজিপি, বিজেপি, আছু আৰু ইয়াৰ
ভগ্নী সংগঠনবোৰে এওঁলোকক বাংলাদেশী হিচাপে সন্দেহ কৰি নানা ধৰণৰ প্ৰতিবাদ আৰম্ভ
কৰিছিল। তেতিয়া উক্ত চনৰ ৪ আগষ্টত মুখ্যমন্ত্ৰী তৰুণ গগৈ এইসকল সন্দেহযুক্ত
বাংলাদেশীৰ পক্ষত থিয় দিছিল আৰু এওঁলোকক বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰিলে ৰাজনীতি
ত্যাগ কৰিব বুলি তেতিয়াৰ এ,জি,পিৰ সভাপতি বৃন্দাবন
গোস্বামীক মুকলি প্রত্যাহ্বান জনাইছিল। ইয়াৰ পাছত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত আৰু
আৰক্ষী অধীক্ষকে এইসকল মানুহৰ বাসস্থানৰ সত্য প্ৰতিপাদন কৰি এইসকল মানুহ ভাৰতীয়
নাগৰিক বুলি মত প্ৰকাশ কৰিছিল। প্রতিদিন কাকতৰ ২০১৪ চনৰ আগষ্ট সংখ্যাত এইসকল
সন্দেহযুক্ত মানুহৰ নাম পূর্ণ ঠিকনাসহ প্রকাশো কৰিছিল।
(২) অসম গণ পৰিষদ চৰকাৰখনে
১৯৮৫ চনত শাসনৰ বাঘজৰীডাল চম্ভালিয়ে বাংলাভাষী হিন্দু আৰু মুছলমানৰ নাম ভোটাৰ
তালিকাৰ পৰা কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু প্ৰায় ২ লাখ ৭৬ হাজাৰ মানুহৰ নামত
বিদেশীৰ জাননী জাৰি কৰিছিল। কিন্তু লক্ষণীয় যে, এজিপিৰ দহ
বছৰীয়া শাসনকালত মাথোন ১৭৯ জন লোকক আৰু কংগ্ৰেছ চৰকাৰে চাৰিশ কোটী টকা খৰচ কৰি ২০০৭
চনলৈ মাথোন ৭ জন লোককহে বিদেশী বুলি চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
(৩) বিগত বছৰবোৰত অসমৰ
বিভিন্ন স্থানত সন্দেহযুক্ত বিদেশী সন্দেহত প্রায় তিনি লাখ ভোটাৰৰ নামৰ আগত ‘ডি’ চিহ্ন বহুৱা
হৈছে। এই ‘ডি’ ভোটাৰৰ মাজত ৮০
শতাংশ ধর্মীয় সংখ্যালঘু মুছলমান আৰু ২০ শতাংশ বাঙালী হিন্দু অন্তর্ভূক্ত হৈ আছে।
পঁচিশ ত্রিশ বছৰ ধৰি চৰকাৰী চাকৰিত নিয়োজিত চাকৰিয়ালৰ নামো এই ‘ডি’ ভোটাৰৰ
তালিকাভুক্ত হৈ আছে। ২০১১ চনৰ বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী তৰুণ
গগৈয়ে এইসকল ‘ডি’ ভোটাৰৰ ৯০ শতাংশই
ভাৰতীয় নাগৰিক বুলি সদনৰ মজিয়াত স্বীকাৰ কৰিছে।
(৪) অসমত মুছলমানৰ
জনসংখ্যা অস্বাভাৱিক হাৰে বৃদ্ধি পাই থকা বুলি সততে কোৱা শুনা যায়; কিন্তু ১৯৫১
চনৰপৰা ১৯৭১ চনলৈ অসমৰ জনসংখ্যাৰ গাঁথনিলৈ চালে ইয়াৰ বিপৰীত
প্ৰতিচ্ছবিহে দেখা যায়। ১৯৫১ চনত অসমত হিন্দু জনসংখ্যা আছিল ৬৬.৬৫ শতাংশ, ১৯৬১ চনত ৬৬.৪১ শতাংশ আৰু ১৯৭১
চনত ৭২.৫ শতাংশ। ইয়াৰ সমান্তৰালভাবে ১৯৫১ চনত মুছলমান জনসংখ্য আছিল ২২.৬০ শতাংশ, ১৯৬১ চনত ২৩.২৯ শতাংশ আৰু ১৯৭১
চনত ২৪.৫ শতাংশ। ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ মুছলমান জনসংখ্যা বৃদ্ধি পাইছিল মাথোন ১৬
লাখ (Statical hand book, Govt. of Assam, 1978)। মুছলমানৰ এই
বৃদ্ধিৰ হাৰ তেনেই স্বাভাৱিক আছিল।
বাংলাদেশী বুলি সন্দেহ
কৰা সৰহ সংখ্যক মুছলমানৰ যে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ আছে উপৰোল্লিত ঘটনা আৰু
তথ্যৰ পৰা এই কথা অনুমান কৰিবলৈ অসুবিধা নহয়। (এই খিনিতে উল্লেখ কৰি
থোৱা সমীচিন হ’ব যে, অন্যান্য জনগোষ্ঠীৰ দৰেই এইসকল মুছলমানৰো বিদেশীমুক্ত অসম গঢ়াৰ প্রতি পূর্ণ
সমর্থন আছে।) কিন্তু নিজৰ স্থিতি সম্পর্কে অজ্ঞতা আৰু সঠিক নেতৃত্বৰ অভাৱত এওঁলোক
প্রকাশ্যে বিদেশী খেদা আন্দোলনত সক্রিয় অংশ গ্ৰহণ কৰাৰ পৰা
বিৰত থাকি ইমানদিনে মাথোন আত্মপক্ষ সমর্থনতে ব্যস্ত হৈ আছে। ইয়াৰে সুযোগ গ্রহণ
কৰি জাতীয়তাবাদী সংগঠনসমূহে এওঁলোকক সদায় সন্দেহৰ চকুৰে চাই আহিছে আৰু সন্দেহযুক্ত
বিদেশীৰ লেবেল লগাই নানা ধৰণে হাৰাশাস্তি কৰি আছে।
সেয়ে মুছলমানসকলে এতিয়া
আত্মপক্ষ সমর্থনৰ নীতি ত্যাগ কৰিবৰ হ’ল। জন্মভূমিক ৰক্ষা আৰু
সন্মান কৰা প্ৰতিজন নাগৰিকৰে কৰ্ত্তব্য। অসমৰ শান্তি, প্রগতি আৰু
সুৰক্ষাৰ ক্ষেত্ৰত অন্যান্য জনগোষ্ঠী যিমান দায়ৱদ্ধ, মুছলমান সকলো
সিমানে দায়ৱদ্ধ৷ গতিকে অতীতত হৈ যোৱা ঘটনা পৰিঘটনাৰ কথা পাহৰি
মুছলমানসকলো এতিয়া বিদেশীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি অসমখনক বিদেশীমুক্ত কৰাৰ
কাৰণে আগবাঢ়ি আহিব লাগিব। এই কাম প্রতিজন মুছলমানে স্বতঃস্ফূর্তভাবে আৰম্ভ কৰিব
লাগিব আৰু সংখ্যালঘু মুছলমানক প্রতিনিধিত্ব কৰা দল-সংগঠনসমূহে ৰাজনীতিৰ উৰ্দ্ধত
থাকি বিদেশীমুক্ত অসম
গঢ়াৰ ক্ষেত্ৰত অসমৰ অন্যান্য জাতীয়তাবাদী সংগঠনৰ লগত সমন্বয় ৰক্ষা কৰি
কাৰ্যসূচী গ্রহণ কৰিব লাগিব। যাতে কোনোদিন পুনৰ বিধান সভাৰ
মজিয়াত বিদেশীৰ প্ৰসংগ উত্থাপন কৰিব লগা নহয়। এয়া সম্প্ৰতি সময়ৰ আহ্বান আৰু
ইয়াৰ মাজতে অসম তথা অসমৰ মুছলমানৰ কল্যাণ নিহিত হৈ আছে।
(খবৰ আৰু নিয়মীয়া
বাৰ্তা- ১০-০৯-২০১৪)
চিকিৎসা সন্ত্রাস
কেম্ব্ৰিজ
বিশ্ববিদ্যালয়ৰ এটি সমীক্ষাত শিক্ষক, চিকিৎসক আৰু অধিৱক্তা এই
তিনি প্ৰকাৰৰ বৃত্তিক শ্ৰেষ্ঠ বৃত্তি বুলি কোৱা হৈছিল। শিক্ষকসকলে দেশৰ ভৱিষ্যত
প্ৰজন্মক সুক্ষিত কৰি গঢ়ি তোলে, ডাক্তৰসকলে মানুহক সুস্থ-সৱল হৈ থকাত সহায় কৰে
আৰু অধিৱক্তাসকলে ন্যায় ব্যৱস্থাক প্রতিনিধিত্ব কৰে। কিন্তু
সম্প্রতি এই তিনি প্ৰকাৰৰ বৃত্তিতে বেছি দুর্নীতি সংঘটিত হৈ আছে বুলি ক'লে হয়তো বঢ়াই
কোৱা নহ'ব। শিক্ষকসকলৰ বিৰুদ্ধে অভিযোগ তেওঁলোকে নিজৰ কৰ্তব্য আন্তৰিকতাৰে পালন নকৰে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত কে’বাখনো বিদ্যালয়ৰ পৰা এজনো ছাত্ৰ উত্তীৰ্ণ হ’ব নোৱাৰা ঘটনাই এই কথাকে
প্রতিপন্ন কৰে। অধিৱক্তাসকলৰ বিৰুদ্ধে অভিযোগ, তেওঁলোকে ন্যায়
ব্যৱস্থাত কেলেংকাৰী সংঘটিত কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ সময়ত অবৈধ জন্ম
পঞ্জীয়ন যোগান ধৰি কে'বাজনো অধিৱক্তা জে'ললৈ যাবলগা হোৱা
ঘটনাই এই কথাৰে প্ৰতিপাদন কৰে। ৰাইজৰ পৰা অবৈধভাবে ধন সংগ্ৰহ কৰাৰ
দৰে অভিযোগো আছে অধিৱক্তাসকলৰ বিৰুদ্ধে।
ডাক্তৰক বহুতে ভগবানৰ
পাছতে স্থান দিয়ে। কাৰণ ভগবানে সৃষ্টি কৰে আৰু ডাক্তৰসকলে সেই সৃষ্টিক সুস্থ-সৱল
কৰি ৰখাত সহায় কৰে। কিন্তু সম্প্ৰতি ডাক্তৰসকলৰ বিৰুদ্ধেই অভিযোগ অধিক। ডাক্তৰসকলৰ
বিৰুদ্ধে অভিযোগ যে, তেওঁলোকে নিজৰ কৰ্তব্য দায়িত্ব সহকাৰে সম্পাদন
নকৰে। তেওঁলোকে চৰকাৰী
চিকিৎসালয়ত কৰ্মৰত হৈ থাকে যদিও সময়মতে নিজৰ কৰ্তব্যত উপস্থিত নাথাকে। এনেকুৱা অভিজ্ঞতা
হয়তো বহুতৰে হৈছে। চৰকাৰৰপৰা দৰমহা লয় যদিও চৰকাৰী চিকিৎসালয়তকৈ
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে অধিক ব্যস্ত থাকে। চৰকাৰী চিকিৎসালয়ত অপাৰেশ্বনৰ কাৰণে অপেক্ষাৰত
ৰোগী এৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱাৰ দৰে ঘটনাও ঘটে বুলি
জনা যায়। মৃত্যুৰ পাছতো ৰোগীক আইচিইউত ৰাখি ৰোগীৰ আত্মীয়ৰপৰা ধন সৰকোৱাৰ দৰে
ঘটনাও পোহৰলৈ অহা দেখা যায়। বহু সময়ত ৰোগী চোৱাত অৱহেলাৰ কাৰণে চিকিৎসালয়ৰ বাৰাণ্ডাত
প্ৰসূতিয়ে সন্তান জন্ম দিয়াৰ দৰে নিৰ্লজ্জ ঘটনাও বহু সময়ত ঘটা দেখা যায়৷ ৰোগী
চোৱাত অৱহেলাৰ কাৰণে বহু সময়ত ৰোগীৰ মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত
হয়। ভুল চিকিৎসাৰ ফলত ৰোগীৰ মৃত্যু হোৱা ঘটনাও ঘটে বহু সময়ত। তেতিয়া ভগবানৰ
পাছতে স্থান দিয়া ডাক্তৰৰ লগত ৰোগীৰ আত্মীয়ৰ মাৰ-পিটৰ দৰে ঘটনাও ঘটে।
বিশ্বাস কৰিবলৈ টান যদিও অস্ত্রোপচাৰৰ পাছত ৰোগীৰ দেহভ্যন্তৰত যন্ত্রাংশ এৰি অহাৰ
দৰে ঘটনাৰ কথাও শুনা যায়। চিকিৎসকৰ অভাৱৰ কাৰণে বহু ঠাইত নাৰ্চ অথবা ফার্মাচিষ্ট সকলেও
চিকিৎসা সেৱা আগবঢ়োৱা দেখা যায়।
ভুল চিকিৎসাৰ ফলত বহু
সময়ত ৰোগীয়ে শাৰীৰিক মানসিক যন্ত্রণা ভোগ কৰাৰ লগতে আর্থিক ক্ষতিৰো সন্মুখীন হ’ব লগা হয়।
এনেকুৱা এটি ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে আমাৰ গাঁৱত। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত
অধ্যয়নৰত এজন ছাত্ৰৰ তপিনাত চাৰিমাহমান আগত এটি কাঠ পেঞ্চিল সোমাই
গৈছিল। ভূক্তভোগী ছাত্রজন বহিবলৈ লোৱাৰ সময়ত সহপাঠী ছাত্ৰ এজনে কাঠ পেঞ্চিলটো
থিয়কৈ ধৰাত ঘটনাটো সংঘটিত হৈছিল। শিক্ষকসকলে ছাত্ৰজনক ততাতৈয়াকৈ ওচৰতে থকা এখন
ফার্মাচীলৈ নি কিছু ঔষধ যোগান ধৰি ঘটনাটো সিমানতে সামৰণি মাৰিছিল। কিন্তু দিন
যোৱাৰ লগে লগে ঘাঁ
শুকোৱাৰ পৰিৱৰ্ত্তে পকিবলৈহে ধৰে৷ তেতিয়া ছাত্ৰজনৰ অভিভাৱক পুনৰ শিক্ষকসকলৰ
শৰণাপন্ন হয়। শিক্ষকসকলে তেতিয়া বৰপেটাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়ে।
এক্সৰে কৰাৰ পাছত ডাক্তৰে অপাৰ্শ্বেন কৰি ক্ষতস্থানৰপৰা গুটিৰ দৰে দুটা মাংসৰ
টুকুৰা বাহিৰ কৰে। কিন্তু তথাপিও ঘাঁ নুশুকোৱাত ছাত্ৰজনক পশ্চিমবংগৰ
কালনালৈ নিয়ে আৰু তাত অপাৰেশ্বন কৰি প্রায় দেড় ইঞ্চি দীঘল কাঠ পেঞ্চিলৰ এটি
টুকুৰা বাহিৰ কৰে।
এতিয়া প্রশ্ন উদয় হয়, আমাৰ ডাক্তৰে কাঠ
পেঞ্চিলৰ টুকুৰা বাহিৰ কৰিব নোৱাৰিলে কিয়? এয়া আমাৰ ডাক্তৰসকলৰ
অৱহেলা, নে অদক্ষতা? দুটা প্রশ্নই কিন্তু আমাৰ সমাজ জীৱনৰ কাৰণে উদ্বেগজনক।
চিকিৎসকসকলৰ এনে অৱহেলাৰ
ঘটনা মাথোন আমাৰ অসমতে সংঘটিত নহয়। ২০১৩ চনত গ্লোৱেল বাৰডেন অৱ মেডিকেল কেয়াৰে হাবার্ড স্কুল অৱ
পাৱলিক হেলথ্ কেয়াৰৰ ডাঃ আনিস্ব ঝাই প্রস্তুত কৰা এটি প্রতিবেদন প্রকাশ কৰিছিল।
তাত প্ৰকাশ কৰা হৈছিল যে, সমগ্ৰ বিশ্বত বছৰি ৪২১ মিলিয়ন ৰোগী
চিকিৎসালয়ত ভৰ্ত্তি হয় আৰু তাৰে প্ৰায় ৪২.৭ মিলিয়ন ৰোগী চিকিৎসকৰ অৱহেলাৰ
চিকাৰ হয়। ইয়াৰে দুই তৃতীয়াংশ ঘটনা সংঘটিত হয় কম আয় আৰু মজলীয়া আয়ৰ দেশবোৰত। ভুল
প্ৰেছক্রিপশ্বন, ভুল মাত্ৰাৰ ঔষধ প্রয়োগ, ভুল ৰোগ নিৰ্ধাৰণ, ভুল অস্ত্ৰোপচাৰ, সঠিক সময়ত সঠিক
ড্রাগচ ব্যৱহাৰৰ নকৰাৰ ফলত ভাৰতত বছৰি প্ৰায় ৫.২ মিলিয়ন ভুল চিকিৎসাৰ ঘটনা
সংঘটিত হয়। সঠিক ‘এনেছথিচিয়া’ প্ৰযোগ নকৰাৰ ফলত আমাৰ দেশত
১৯৫৩ চনত প্ৰথম এজন শিশুৰ মৃত্যু হেছিল। ড০ অনামিকা ৰায় ট্রাষ্টৰ অধিবেশনত ড০
অংকুৰণ দত্তই প্ৰকাশ কৰা মতে আমাৰ দেশত প্ৰতি বছৰ ৩০ লাখ ৰোগী ভুল চিকিৎসাৰ চিকাৰ
হয়। ইয়াৰ ৯৮০০০ জন ৰোগী মৃত্যুমুখত পৰে। ভাৰতত প্রতি মিনিটত ১০ জন ৰোগী ভুল চিকিৎসাৰ চিকাৰ
হয় আৰু প্ৰতি ঘণ্টাত ইয়াৰে ১১ জন ৰোগী মৃত্যুমুখত পৰে। অৱশ্যে তেওঁৰ এই দাবী অসম
মেডিকেল এছোছিয়েশ্বনৰ সম্পাদক ডাঃ সত্যজিৎ ৰায়ে নাকচ কৰিছে।
আন্তর্জাতিক জার্ণাল অৱ
হেলথ্ এণ্ড মেডিকো-লিগাল প্ৰেক্টিচৰ এডিটৰ ইন চীফ ডাঃ পুতুল মহন্তৰ মতে আগতে
চিকিৎসা সেৱা মিছন হিচাপে স্বীকৃত আছিল, সম্প্রতি ই ব্যৱসায়লৈ
ৰূপান্তৰ হৈছে। তেওঁৰ মতে অধিক ফিচ সংগ্ৰহ, ভুল ঔষধ আৰু ভুল মাত্ৰাৰ
ঔষধ প্রয়োগ, অস্ত্ৰোপচাৰৰ পাছত ৰোগীৰ দেহভ্যন্তৰত যন্ত্রাংশ এৰি অহা আদি
চিকিৎসা সন্ত্ৰাসৰ অন্তৰ্গত। তেওঁৰ মতে ৫০ শতাংশ অৱহেলাৰ ঘটনা সংঘটিত কৰে শল্য
চিকিৎসকসকলে। ইয়াৰে ৯৮ শতাংশ কেচ নথিভূক্ত নহয় বুলি তেওঁ মতপোষণ কৰিছে।
ডাক্তৰসকলৰ এই অৱহেলাৰ
বাবে দায়ী কোন? ইয়াৰ বাবে ডাক্তৰৰ অপ্রতুলতা আৰু ভোগবাদী মানসিকতাকে মূলতঃ দায়ী কৰিব পাৰি।
কাৰণ এগৰাকী ডাক্তৰে
এজন ৰোগী চোৱাৰ বাবে যিমান সময় ব্যয় কৰিব লাগে ৰোগী অনুপাতে ডাক্তৰ কম থকাৰ
কাৰণে সিমান সময় ব্যয় কৰিব নোৱাৰে। এগৰাকী ডাক্তৰে এজন সুস্থ স্বাস্থ ৱান সাধাৰণ
ৰোগী চোৱাৰ কাৰণে কমপক্ষে পোন্ধৰ মিনিট আৰু অপেক্ষাকৃত জটিল ৰোগী চোৱাৰ বাবে
পঁয়ত্ৰিছৰপৰা চল্লিছ মিনিট সময় ব্যয় কৰিব লাগে, কিন্তু ৰোগীৰ সংখ্যা বেছি
হোৱাৰ কাৰণে পাঁচ সাত মিনিটৰ অধিক সময় ব্যয় কৰিব নোৱাৰে। এগৰাকী ডাক্তৰ যিমানেই অভিজ্ঞ
নহওঁক কিয়, টেকন’লজি যিমানেই উন্নত নহওঁক কিয় পাঁচ বা সাত মিনিটত খৰচি মাৰি এজন ৰোগী চোৱাটো
কোনোপধ্যেই সম্ভৱ নহয়। কিন্তু আমাৰ সমাজত এয়াই হৈ আছে। একমাত্ৰ চৰকাৰী চিকিৎসালয়ত ৰোগী চালে
এজন ৰোগীৰ কাৰণে হয়তো কিছু বেছি সময় ব্যয় কৰিব পাৰিলেহেঁতেন; কিন্তু ডাক্তৰসকল
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ব্যস্ত থকাৰ কাৰণে প্রয়োজনীয় সময় ব্যয় কৰিব
নোৱাৰে। কাৰণ দেখা যায় যে, চৰকাৰে দিয়া দৰমহাতকৈ তেওঁলোকে ব্যক্তিগতভাবে
ৰোগী চাই বেছি উপাৰ্জন কৰে। ফলত তেওঁলোকে দু-পইচা অধিক উপাৰ্জনৰ কাৰণে ৰাতিপুৱা সাত বজাৰপৰা
আৰম্ভ কৰি নিশা নবজালৈকে ৰোগী চাই থাকে। গতিকে অত্যধিক ৰোগী চোৱাৰ ফলত ডাক্তৰসকলে
বহু সময়ত ৰোগ নিৰ্ণয়, ঔষধ নিৰ্বাচনত ভুল কৰে। কামৰ হেঁচা হ্ৰাস কৰিব
নোৱাৰিলে ডাক্তসকলৰ এই ভুল হৈয়ে থাকিব। সেয়ে চৰকাৰে এই সন্দৰ্ভত সঠিক পদক্ষেপ
গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।
(জনসাধাণ- ০৫-০৮-১৭)
প্রসংগঃ অসম চুক্তি বাতিল
আৰু অসমৰ ভৱিষ্যত
যোৱা কিছুদিনৰপৰা অসম
চুক্তিৰ ন্যায্যতা পৰীক্ষাৰ কাৰণে গঠিত বিচাৰপীঠৰ ৰায় সম্পর্কে সমগ্ৰ অসমত এক
চেপা উত্তেজনা অব্যাহত আছে। বিচাৰপতি মদন লুকুৰ, আৰ, কে, আগৰৱাল, প্রফুল্ল চন্দ্ৰ
পন্ত, ডি, ৱাই চন্দ্ৰচূড় আৰু অশোক ভূষণৰ দ্বাৰা গঠিত সাংবিধানিক বিচাৰপীঠে অসম চুক্তিৰ ন্যায্যতা
সম্পর্কে ১১ মে'ত ৰায় দান কৰিব। এই ৰায়দানে অসমৰ ভৱিষ্যত চিৰদিনৰ কাৰণে সলনি কৰি দিব বুলি
বহুতে সন্দেহ প্রকাশ কৰিছে। অসম চুক্তিৰ সপক্ষে আছে সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ, কংগ্ৰেছ, এ,আই,ইউ,ডিএফ আৰু জমিয়ত।
আনহাতে চুক্তিৰ বিপক্ষে আছে, সন্মিলিত খিলঞ্জীয়া
মহাসংঘ, আছাম পাব্লিক ৱৰ্কচ, আহোম সংঘ আৰু অসম সাহিত্য সভা। অসম চুক্তিৰ
বিপক্ষে অৱস্থান লোৱা সংগঠনসমূহৰ দাবী যে, বিদেশী চিনাক্তকৰণৰ
ভিত্তি বছৰ ১৯৭১ চনৰ পৰিৱৰ্ত্তে ১৯৫১ চন হ’ব লাগে। বিচাৰপীঠৰ ৰায়
অসম চুক্তিৰ বিৰোধিতা কৰা শিৱিৰৰ ফালে যাব আৰু ৮৫৫ জন ছহিদৰ বিনিময়ত
যি ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হৈছিল সেই চুক্তি বাতিল হ’ব বুলি বহুতে
ধাৰণা কৰিছে। ভবা ধৰণে সঁচাকৈয়ে যদি এই চুক্তি বাতিল হয়, তেনেহ'লে পূৰ্ববংগৰ পৰা
আন্তঃপ্ৰব্ৰজন কৰা ৪২ বা ৫০ লাখ সন্দেহযুক্ত নাগৰিকৰ অৱস্থা কি হ’ব? কাৰণ এওঁলোকে
নিজৰ ঘৰ-ভেটি হেৰুৱাৰ লগতে চাকৰি-বাকৰিও হেৰুৱাব, ৰাজনৈতিক অধিকাৰৰ পৰা
বঞ্চিত হ’ব। এক কথাত ক'বলৈ গ'লে তেওঁলোক ৰাষ্ট্ৰহীন নাগৰিকত
পৰিণত হ’ব। ফলত দেশত এক
বিশৃংখল পৰিৱেশ সৃষ্টি হ’ব বুলি বহুতেই আশংকা প্রকাশ কৰিছে। ইয়াৰ ফলত
গৃহযুদ্ধ সদৃশ পৰিৱেশো সৃষ্টি হ'ব পাৰে বুলিও বহুতে ধাৰণা
কৰিছে।
এই ক্ষেত্ৰত বংগীয় মূলৰ
মুছলমান অধিক সন্ত্ৰস্ত হৈ উঠিছে। কাৰণ ঐতিহাসিক অসম আন্দোলনৰ পাছৰপৰা এওঁলোক বহু
ক্ষেত্ৰত অযথা হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। বৈধ ভাৰতীয় ভোটাৰৰ নামৰ আগত ‘ডি’ বহোৱা হৈছে।
এওঁলোকৰ বহুতে এতিয়া ‘ডিটেনচন’ কেম্পত কালাতিপাত কৰিব
লগা হৈছে। এনেকি
স্বাধীনতা সংগ্ৰামীৰ কন্যাও আছে এই তালিকাত। মিঞা, চৰুৱা, সন্দেহযুক্ত
নাগৰিক, বাংলাদেশী আদি লেবেল লগোৱা হৈছে এওঁলোকৰ গাত। চৰকাৰী ভূমি
বেদখলমুক্ত কৰাৰ নামত ম্যাদী পট্টা থকা লোকক উচ্ছেদ কৰা হৈছে। সন্দেহযুক্ত নাগৰিকৰ
তালিকাত থকাৰ কাৰণে মাটিৰ পট্টা, ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ১৯৬৬ আৰু ১৯৭০
চনৰ ভোটাৰ তালিকাত নাম থকা সত্ত্বেও একাংশ মানুহ বিদেশীৰ নামত অযথা হাৰাশাস্তিৰ সন্মুখীন হৈ আছে।
বহু সময়ত সময় মতে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নোপোৱাৰ ফলত এইসকল মানুহৰ বহুতো
ল’ৰা-ছোৱালীৰ
উচ্চশিক্ষা বাধাগ্রস্ত হৈছে। বহুতে আকৌ হাৰাশাক্তিৰ ভয়ত স্থায়ী
বাসিন্দাৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ পৰাই বিৰত থাকিবলগা হৈছে। ১৯৮৩, ১৯৯৫,২০০৮, ২০১১ আৰু ২০১৪ চনত ঠায়ে
ঠায়ে যি গোষ্ঠী সংঘর্ষ সংঘটিত হৈ গৈছে তেনেকুৱা কিবা এটা হোৱাৰ আশংকা কৰি এইসকল
মুছলমান স্বাভাৱিকতে সন্ত্রস্ত হৈ উঠিছে। যেহেতু বহু সময়ত বংগীয়মূলৰ সকলো
মুছলমানকে বাংলাদেশী বুলি সন্দেহ কৰা হয়, যাৰ কাৰণে ১৯৫১ চনৰ ৰাষ্ট্ৰীয়
নাগৰিকপঞ্জীত নাম থকা লোকসকলো শংকিত হৈ উঠিছে। কাৰণ তেওঁলোকে উলুৰ লগত বগৰীৰ পোৰা যোৱাৰ আশংকা
কৰি আছে।
ভাৰতীয় নাগৰিকত্ব
আইন-১৯৫৫ অনুসৰি দেখা যায় যে, আইনৰ ধাৰা ৩(ক) মতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত বা
তাৰ আগত আৰু ১৯৮৭ চনৰ ১ জুলাই বা তাৰ আগত ভাৰতত জন্ম গ্ৰহণ কৰা
প্ৰতিজন ভাৰতীয়ই জন্মসূত্ৰে ভাৰতীয় নাগৰিকৰ অধিকাৰ পাব। ২০০৩ চনৰ সংশোধিত
নাগৰিত্ব আইন অনুসৰি ১৯৮৭ চনৰ ১ জুলাইৰ পাছত জন্ম গ্ৰহণ কৰা সন্তানেও ভাৰতীয় নাগৰিকত্বৰ
অধিকাৰ পাব যদি তাৰ পিতৃ-মাতৃ ভাৰতৰ বৈধ নাগৰিক হয়। ১৯৫০ চনৰ ২৬
জানুৱাৰীৰত বা তাৰ আগত কিন্তু ১৯৯২ চনৰ ১০ ডিচেম্বৰৰ আগত যদি এজন শিশু বিদেশতো
জন্ম গ্রহণ কৰে আৰু তেওঁৰ পিতৃ- মাতৃ যদি ধাৰা ৩(ক) অনুসৰি ভাৰতীয় নাগৰিক হয়
তেনেহ'লে সেই শিশুজনেও ভাৰতীয় নাগৰিকৰ মৰ্যদা পাব। এনেকুৱা আৰু বহু ধাৰা আছে ১৯৫৫ চনৰ নাগৰিকত্ব
আইনত। অসমৰ ক্ষেত্ৰত এই আইন কিছু বেলেগ ধৰণৰ। অসমৰ ক্ষেত্ৰত নাগৰিকত্ব আইন
(সংশোধিত)- ১৯৮৫ অনুসৰি এজন ব্যক্তিক তেতিয়াই ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হ’ব যদি তেওঁ বা
তেওঁৰ পিতৃ-মাতৃ বা ককাক অবিভক্ত ভাৰতত জন্ম গ্ৰহণ কৰিছে অথবা ১৯৬৬ চনৰ ১ জানুৱাৰী আৰু
১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত যিসকল ব্যক্তি ভাৰতলৈ আহিছে। মাথোন ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত
ভাৰতলৈ আহিলেই নহ'ব, ১৯৬৬ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাতো নাম
সন্নিৱিষ্ট থাকিব লাগিব, তেতিয়াহে তেওঁলোক ভাৰতীয় নাগৰিক হিচাপে গণ্য
হ’ব। ভাৰতীয়
নাগৰিকত্ব আইন-১৯৫৫ আৰু অসমৰ নাগৰিকত্ব(সংশোধিত) আইন-১৯৮৫ৰ মাজত কিছু পার্থক্য
আছে। সৰ্বভাৰতীয় নাগৰিকত্ব আইনতকৈ অসমৰ নাগৰিকত্ব আইন কিছু বিশেষত্বপূর্ণ। কাৰণ
সৰ্বভাৰতীয় নাগৰিকত্ব আইনত ভোটাৰ তালিকাত নাম থাকিব লাগিব এনে কোনো কথা উল্লেখ
নাই; কিন্তু অসমৰ
ক্ষেত্ৰত ১৯৬৬ আৰু আৰু ১৯৭১ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম
থাকিলেহে তেওঁ ভাৰতীয় তথা অসমৰ নাগৰিকৰ মৰ্যদা পাব। অসম প্ৰব্ৰজনপ্ৰৱণ
অঞ্চল হোৱাৰ কাৰণে ছবছৰীয়া অসম আন্দোলনৰ পাছত এই সিদ্ধান্ত জাতি-ধর্ম-বর্ণ-ভাষা
নির্বিশেষে অসমৰ সকলো জাতি-গোষ্ঠীয়ে মানি লৈছে, কিন্তু দুখৰ বিষয় যে, অসম চুক্তিৰ ৩১
বছৰ পাছতো অসম আন্দোলনৰ মূল দাবী বিদেশী বহিষ্কাৰ কৰা এতিয়ালৈকে সম্ভৱ
হোৱা নাই। যাৰ ফলত অসম বহু ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হৈ আছে। ইয়াৰ ফলত অসমৰ
উন্নয়ন ব্যাহত হৈছে বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব।
অসম চুক্তি বাতিল কৰি যদি
পুনৰ ১৯৫১ চন ভিত্তি বছৰ কৰা হয় তেনেহ'লে অবৈধ নাগৰিক চিনাক্তকৰণত
পুনৰ জটিল সমস্যাই দেখা দিব। কাৰণ ১৯৫১ চন ভিত্তি বছৰ কৰিলে ৰাষ্ট্ৰীয় নাগৰিক
পঞ্জীৰ সহায় ল’ব লাগিব। কিন্তু বহু ঠাইৰ ১৯৫১ চনৰ নাগৰিকপঞ্জী নাই। বহু ঠাইৰ নাগৰিক পঞ্জী ৰক্ষণাবেক্ষণৰ
অভাৱত নষ্ট হোৱাৰ লগতে নাগৰিকপঞ্জীৰ কাম বাৰিষা কালি অনুষ্ঠিত হোৱাৰ কাৰণে অসূচল
যাতায়তৰ ফলত আন বহু ঠাইত নাগৰিক
পঞ্জীৰ কাম আৰম্ভ কৰিবপৰা
নাছিল। মোলান চাহাবে এই কথা নিজৰ প্ৰতিবেদনত উল্লেখ কৰি থৈছে। তথ্য অনুসৰি
ওদালগুৰি, ডিব্ৰুগড়, শিৱসাগৰ, কাছাৰ, কাৰ্বিআলং, ডিমা হাছাওৰ ১৯৫১ চনৰ এন আৰ চি নাই। আনহাতে আংশিকভাৱে আছে দৰং, লখিমপুৰ, গোলাঘাট, কামৰূপ, তিনিচুকীয়া, বঙাইগাঁও, নলবাৰী, বৰপেটা আৰু
মৰিগাঁৱৰ। একমাত্র সম্পূৰ্ণৰূপে আছে গোৱালপাৰা, ধেমাজি, যোৰহাট, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, কোকৰাঝাৰ, নগাঁও আৰু
শোণিতপুৰ জিলাৰ। তদুপৰি ১৯৫০ চনৰ ৮ এপ্ৰিলত তদানীন্তন ভাৰত চৰকাৰ আৰু পাকিস্থান
চৰকাৰৰ মাজত এখন চুক্তি সম্পাদন হৈছিল। উক্ত চুক্তি মর্মে দেশ বিভাজনৰ পাছত সংঘটিত
হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ যিসকল মানুহ নিজৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি এৰি
পাকিস্তানলৈ গুচি গৈছিল তেওঁলোকক পুনৰ নিজৰ দেশলৈ ঘূৰাই অনা হৈছিল। এয়াই ঐতিহাসিক
নেহৰু-লিয়াকত চুক্তি নামেৰে জনাজাত। চৰকাৰী হিচাপত ১ লাখ আৰু বেচৰকাৰী হিচাপত
আঢ়ৈ লাখ মানুহ পাকিস্তানৰ পৰা পুনৰ ভাৰতলৈ ঘূৰি আহিছিল বুলি জনা যায়। এইসকল লোকৰ
বহুতৰে নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তর্ভূক্ত হোৱা নাছিল।
এতিয়া প্ৰশ্ন হৈছে, ৰাষ্ট্ৰীয়
নাগৰিক পঞ্জীত নাম নথকা ব্যক্তি তথা তেওঁলোকৰ সন্তান-সন্ততিৰ নাগৰিকত্ব কেনেকৈ
নিৰূপন কৰা হ’ব? ১৯৫১ চনটো ভিত্তি বছৰ কৰিলে নিশ্চয় এন আৰ, চিৰ ওপৰতে বিশেষভাবে
নিৰ্ভৰ কৰিব লাগিব। কাৰণ তেতিয়াৰ মাটিৰ পট্টা বা অন্যান্য নথিৰ পৰিমাণ যে খুবেই
কম আছে ইয়াত
সন্দেহৰ অৱকাশ নাই। এই সমস্যা সকলো জাতি-গোষ্ঠীৰ ক্ষেত্ৰত সমানে প্রয়োজ্য হ’ব। আনহাতে ১৯৫১
চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকাৰ তালিকাত মাথোন বংগীয়মূলৰ মুছলমান আৰু
বঙালী হিন্দুৱেই নাই, অসমীয়া হিন্দুৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ
লোকো আছে এই তালিকাত। তৰ্কৰ খাতিৰত যদি ধৰা হয়, অসমীয়া হিন্দু আৰু
অন্যান্য জাতি-গোষ্ঠীক যেহেতু একাংশ জাতীয়তাবাদী সংগঠনে তথাকথিত খিলঞ্জীয়াৰ অন্তর্ভুক্ত কৰে, (সাহিত্য সভাকে
আদি কৰি ২৪ টা জাতীয় সংগঠন লগলাগিও এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ
কৰিবলৈ সক্ষম হোৱা নাই বাবেই তথাকথিত বুলি উল্লেখ কৰা হৈছে।), গতিকে তেওঁলোকৰ
১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নাথাকিলেও ভাৰতীয় নাগৰিকৰ মৰ্যদা পাব।
কিন্তু ভাৰতীয় সংবিধানে
ইতিমধ্যে সকলোৰে বাবে আইন সমান বুলি উল্লেখ কৰি থৈছে, গতিকে সংবিধানৰ
মৰ্যদা ৰক্ষা কৰিবলৈ হ’লে, তথাকথিত খিলঞ্জীয়াৰ নাম ৰাষ্ট্ৰীয়
নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰিবলৈ আই,এম,ডি,টিৰ দৰে এখন আইন
প্রণয়নৰ প্ৰয়োজনীয়তা আহি পৰিব। কিন্তু এই আইনৰ স্থায়ীত্ব কিমান হ’ব সেয়া এক
লাখটকীয়া প্রশ্ন। কাৰণ নাগৰিকত্বৰপৰা বঞ্চিত মুছলমান লোকসকলে নিশ্চয় ইয়াৰ
বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেতিয়া আই.এম,ডি,টিৰ দৰে এই
আইনখনো বাতিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব। তেতিয়া বহুতে ভবা ধৰণে গৃহযুদ্ধ
অৱধাৰিত হৈ উঠিব পাৰে বুলি ভবাৰ থল আছে। গতিকে আটায়ে সজাগ হ'বৰ হ'ল। অসমৰ ভৱিষ্যত
পৰিস্থিতি কি হ’ব, সেয়া ১১ মে'ৰ পাছতহে স্পষ্ট হ'ব।
(জনসাধাৰণ- ০২-০৫-১৭)
সন্দেহযুক্ত বাংলাদেশীঃ এক পর্যালোচনা
বাংলাদেশী বহিষ্কাৰৰ
দাবীত সমগ্ৰ অসম ব্যাপী আন্দোলনৰ ঢৌ অব্যাহত থকাৰ মাজতে সীমান্ত আৰক্ষীয়ে
বাংলাদেশী চিনাক্তকৰণৰ নামত গুৱাহাটী মাহনগৰীত এক ব্যাপক অভিযান আৰম্ভ
কৰিছে। এই অভিযান কালত মহানগৰীৰ বিভিন্ন ঠাইত কৰ্মৰত বিশেষকৈ সিজুবাৰী আৰু
হাতীগাঁও অঞ্চলৰ দুখীয়া শ্ৰমিকসকলক লক্ষ্য হিচাপে লৈ সন্দেহযুক্ত নাগৰিকৰ নাম ঠিকনা
সংগ্ৰহ কৰাৰ লগতে আঙুলিৰ ছাপ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
আৰক্ষীৰ এই কাৰ্যত নাগৰিকৰ বিশেষ আপত্তি নাই যদিও কোনো ধৰণৰ আগতীয়া জাননী
নিদিয়াকৈ একমাত্র শ্রমিকশ্রেণী লোকৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰাৰ ফলত সচেতন মহলত
ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে। আঙুলিৰ ছাপ সংগ্ৰহৰ সময়ত যেহেতু কোনো ধৰণৰ নাগৰিকত্বৰ
প্ৰমাণপত্ৰ পৰীক্ষা কৰা নহয়, সেয়ে এটা সময়ত প্ৰকৃত নাগৰিককো বিদেশী সজাই
বিদেশী ন্যায়াধীকৰণলৈ ঠেলি দিব পাৰে বুলি সচেতন মহলত ব্যাপক
চৰ্চা আৰম্ভ হৈছে। তদুপৰি অসমত যেহেতু অন্যান্য ৰাষ্ট্ৰৰ পৰা অহা বিদেশী লোকো আছে, তেনেস্থলত এই
অভিযান কালত আন আন সকলো জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকক ৰেহাই দি একপক্ষীয়ভাবে ধর্মীয় সংখ্যালঘু
দুখীয়া মুছলমান শ্রমিকক লক্ষ্য হিচাপে লোৱা কাৰ্যতো উৎকণ্ঠিত হৈ
উঠিছে সচেতন মহল।
ইয়াৰ মাজতে অসম
জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য সংগঠনৰ এচাম কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন
প্ৰান্তত কৰ্মৰত দুখীয়া শ্রমিকক সন্দেহযুক্ত বাংলাদেশীৰ নামত
হাৰাশাস্তি কৰি আৰক্ষীৰ হাতত গতোৱাৰ এক অসাংবিধানিক কার্য সংঘটিত কৰি আছে। ফলত
ধর্মীয় সংখ্যালঘু মুছলমান শ্রমিকসকল আতংকিত হৈ নিজৰ নিজৰ কৰ্মক্ষেত্র ত্যাগ কৰি
ঘৰমূৱা হোৱা পৰিলক্ষিত হৈছে। কিছুদিন পাছতেই এন, আৰ, চিৰ প্ৰক্ৰিয়া
আৰম্ভ কৰিব বুলি চৰকাৰে ঘোষণা কৰাৰ পাছতো কোনো ধৰণৰ তথ্য অবিহনেই
একমাত্র সন্দেহৰ আৱৰ্তত পেলাই এক বিশেষ জনগোষ্ঠীক সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰাটো
কিমানদূৰ যুক্তিসংগত হৈছে তাকো বৌদ্ধিক মহলে ভাবি চোৱা উচিত। সন্দেহযুক্ত
বাংলাদেশীৰ নামত এই অসাংবিধানিক কাৰ্যৰ প্রাসংগিকতা কিমান তাকো জুকিয়াই চোৱা
প্ৰয়োজন। আন এটা আপত্তিজনক কথা হ’ল, সকলো দল সংগঠনে
আলোচনা চক্ৰসমূহত মুক্তকণ্ঠে কোৱা শুনা য য় যে, বিদেশীৰ কোনো
ধৰ্ম নাই। যি ধৰ্মৰে নহওঁক কিয়, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীলোককে
অসমৰ পৰা বিতাড়ন কৰা হ’ব। কিন্তু সেইসমূহ সংগঠনে
সমদল উলিওৱাৰ সময়ত মাথোন বাংলাদেশী বিৰোধী ধ্বনি দিয়াৰ অন্তৰালৰ ৰহস্য কি এয়া
বোধগম্য নহয়! নিউজ চেনেলসমূহে সততে স্কীনত বৰ বৰ আখৰেৰে বাংলাদেশী
শব্দটো লিখি ৰখা দেখা যায়। বিদেশী শব্দটো নিউজ চেনেলসম খুবেই কম ব্যৱহাৰ কৰা দেখা যায়।
ইয়াৰো ৰহস্য বিচাৰি পোৱা নাযায়।
অসমৰ মুঠ জনসংখ্যাৰ ১৪
শতাংশ লোক চৰাঞ্চলত বাস কৰে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ সৰু-বৰ চৰৰ সংখ্যা ২০৮৯
খন। ইয়াৰে সৰ্বাধিক চৰ বৰপেটা আৰু ধুবুৰী জিলাত অৱস্থিত। বৰপেটা
জিলাত ৩৫১ খন আৰু ধুবুৰী জিলাত ৩১৩ খন। এই চৰ গাঁওসমূহৰ মুঠ ভূমিৰ পৰিমাণ ২,৩৯,০০০ হেক্টৰ। ইয়াৰে
মাথোন ১,৬৭,৩০০ হেক্টৰ ভূমিহে কৃষি উপযোগী। চৰাঞ্চলৰ ৩০ শতাংশ পৰিয়াল ভূমিহীন। ৬০ শতাংশ
পৰিয়ালৰ ভূমিৰ পৰিমাণ সামান্য। মাথোন দহ শতাংশ পৰিয়ালৰ দখলত আছে ৮০
শতাংশ ভূমি। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ তাণ্ডৱৰ কথা কাৰো অবিদিত নহয়। অসমত এটা ৰাতিৰ ভিতৰত শ শ
পৰিয়াল গৃহহীন হৈ পৰাটো সম্প্রতি প্রায় নিত্তনৈমিত্তিক ঘটনাত পৰিণত হৈছে।
মাজুলীৰ সাম্প্ৰতিক পৰিস্থিতিলৈ দৃষ্টিপাত কৰিলে এই কথা স্পষ্টভাবে ওলাই পৰে। ২০০৭ চনত
দিল্লীত অনুষ্ঠিত মুখ্যমন্ত্ৰীসকলৰ বিত্তীয় অধিৱেশনত মুখ্যমন্ত্ৰী তৰণ গগৈয়েও এই
কথা স্বীকাৰ কৰিছে। তেওঁ কৈছিল যে, ১৯৫৭ চনৰ পৰা ২০০৭ চনলৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ
উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত অসমৰ মুঠ ভূমিভাগৰ ৮ শতাংশ ভূমি নৈৰ বুকুত
জাহ গৈছে আৰু এই খহনীয়াৰ ফলত ৬ ৰ পৰা ৭ লাখ মানুহ গৃহহীন হৈছে। এয়া চৰকাৰী
হিচাপ। বেচৰকাৰী হিচাপত এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে বুলি সচেতন মহলৰ
ধাৰণা।
শিক্ষা-দীক্ষাৰ পৰা
বঞ্চিত এই লোকসকল ইমানেই দুৰ্ভগীয়া যে, গৰাখহনীয়াৰ কবলত পৰি এটা
নিশাৰ ভিতৰত ঘৰ-বাৰী হেৰুৱাই কেতিয়াবা কোনো চৰকাৰী ভূমিত বসতি স্থাপন কৰিলেও এওঁলোকক
সন্দেহযুক্ত বাংলাদেশীৰ তালিকাভূক্ত কৰি হাৰাশাস্তি কৰা হয়। কিন্তু দুখৰ বিষয় যে, কি কাৰণত ক’ৰ পৰা এইসকল
মানুহ এটা নিশাৰ ভিতৰত আহি চৰকাৰী ভূমিত বসতি স্থাপন কৰিব লগা হ’ল সেই বিষয়ে
সাধাৰণ মানুহতো বাদেই চৰকাৰেও খবৰ ল’বলৈ আহৰি নাপায়।
চৰ-চপৰিত বাস কৰা লোকসকল
জীৱন আৰু জীৱিকাৰ তাড়নাত অহৰহ ব্যস্ত থাকিব লগা হোৱাত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত
তেনেই পিছপৰা। বিশেষকৈ মহিলাসকল। যাৰ ফলত কোনো কোনো পৰিয়ালত এতিয়াও বাল্য-বিবাহ আৰু বহু
বিবাহৰ প্ৰচলন থকা দেখা যায়। বাল্য বিবাহ আৰু বহু বিবাহৰ আধিক্যলৈ
লক্ষ্য কৰি অন্যান্য সম্প্ৰদায়ৰ মানুহে এওঁলোকৰ জন্মৰ হাৰ অধিক বুলি বিনাদ্বিধাই
কোৱা শুনা যায়। স্বয়ং মুখ্যমন্ত্রী মহোদয়েও এই কথা সংবাদ
মাধ্যমৰ আগত ব্যক্ত কৰিছে। কিন্তু প্রকৃত চৰিত্ৰ বেলেগ ধৰণৰহে। অমলেন্দু গুহই
তেওঁৰ ‘অসম নমৰে, আমিও নমৰোঁ’ নামৰ গ্ৰন্থত লেখিছে- স্বাধীনতাৰ পাছত জনসংখ্যাত মুছলমানৰ অনুপাত বাঢ়ি গৈ আছে- এই বহুল
প্রচাৰিত কথাৰ কোনো সত্যতা নাই। ১৯৪১ চনৰ পৰা ১৯৭১ চনলৈকে প্ৰতিটো
দহকত বৰ্তমান অসমৰ ৰাজ্যিক চৌহদৰ ভিতৰত মুছলমানৰ সংখ্যানুপাত ২৪ আৰু ২৫ শতাংশৰ
ভিতৰতে স্থিৰ হৈ আছে। বঢ়াতো দূৰৰে কথা কমাৰহে লক্ষণ দেখা গৈছে। ১৯৬১-৭১ ৰ
দহকটোত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৩৭ শতাংশ আৰু মুছলমানৰ সংখ্যাবৃদ্ধি হাৰ
৩১ শতাংশ। এই তথ্যৰ
পৰা এইটো স্পষ্ট হৈ পৰে যে, মুছলমানৰ জনসংখ্যা বাল্য বিবাহ আৰু বহু বিবাহৰ
ফলত মাত্ৰাধিক্য ৰূপে বৃদ্ধি পোৱা বুলি যি প্ৰচাৰ চলোৱা হয়, সেয়া মাথোন
হিন্দু সম্প্ৰদায়ৰ মানুহক ভীতিগ্রস্ত কৰিবলৈহে চলোৱা হয়। সৰ্বভাৰতীয় ক্ষেত্ৰতো
সীতাৰাম ইয়েচুৰিয়ে তেওঁৰ ‘বিজেপিৰ মিথ্যাৰ বেসাতি’ নামৰ গ্ৰন্থত
গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ উক্ত গ্ৰন্থত লেখিছে- মুছলমানসকলৰ সংখ্যা ইমানেই
দ্ৰুত হাৰে বৃদ্ধি পাইছে যে, অচিৰেই
হিন্দুসকল সংখ্যালঘু হৈ
পৰিব, এই কথা প্ৰচাৰ কৰি সংঘ পৰিবাৰে হিন্দুৰ মনত আতংক সৃষ্টিৰ চেষ্টা কৰে। ১৯৬১ চনৰ
পৰা ১৯৮১ চনলৈ লোকপিয়ল দুটা তুলনা কৰিলে দেখা যায় যে, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ
তুলনাত বিছ বছৰত মুছলমানৰ বৃদ্ধি হাৰ মাথোন ১০.৭ ৰ পৰা ১১.৪ শতাংশহে। এই হাৰে মুছলমানৰ
সংখ্যা বাঢ়ি গৈ থাকিলে হিন্দুসকলক পিছ পেলাই যাবলৈ হাজাৰ বছৰৰো অধিক সময় লাগিব
বুলি সাতীৰাম ইয়েচুৰিয়ে তেওঁৰ প্রাগুক্ত গ্ৰন্থত উল্লেখ কৰিছে।
এয়া যিয়েই নহওঁক কিয়, মুছলমানৰ
জনসংখ্যা অন্যান্য জাতিৰ তুলনাত তৰ্কৰ খাতিৰত অসমত বৃদ্ধি পোৱা বুলি যদি ধৰিও লোৱা
হয়, তেনেহ'লে ইয়াৰ বাবে
ৰাজনৈতিক দলসমূহেই প্ৰকৃতাৰ্থত জগৰীয়া। কাৰণ একমাত্র ভোটৰ সময়তহে এইসকল মুছলমানৰ
খবৰ লোৱাৰ অৱসৰ হয় ৰাজনৈতিক দল-সংগঠনসমূহৰ। ৰাস্তা-ঘাট, বিশুদ্ধ
খোৱা-পানী, শিক্ষা বিস্তাৰকে আদি কৰি বিভিন্ন প্ৰতিশ্ৰুতি দি ভোট আদায় কৰাৰ পাছত
স্বধৰ্মৰে নিৰ্বাচিত প্রতিনিধিসকলে সেইবোৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি
নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণেহে ব্যস্ত থকা পৰিলক্ষিত হয়। যাৰ ফলত বিশেষকৈ
চৰাঞ্চলত বসবাস কৰা মুছলমানসকল বর্তমানেও শিক্ষাৰ ক্ষেত্ৰত অন্যান্য জাতিৰ তুলনাত বহু
পিছপৰি আছে।
ব্ৰহ্মপুত্ৰৰ বুকুত দুই
ধৰণৰ চৰ আছে। কিছুমান চৰ স্থায়ী আৰু কিছুমান অস্থায়ী। স্থায়ী চৰ আৰু মূল
ভূ-খণ্ডৰ অৱস্থাৰ মাজত বিশেষ পার্থক্য নাই। স্কুল-কলেজ, ৰাস্তা-ঘাট, বজাৰ-সমাৰকে আদি
কৰি বিভিন্ন সা-সুবিধা আছে স্থায়ী চৰসমূহত। এইসমূহ চৰৰ মানুহবিলাক অপেক্ষাকৃত
শিক্ষিতও। কিন্তু অস্থায়ী চৰৰ বাসিন্দাসকলৰ অৱস্থা তেনেই
পুতৌজনক। এইসমূহ চৰৰ বাসিন্দাসকলে সঘনাই বসতি সলনি কৰি থাকিব লগা হয়। এনেকি একেটা বছৰত দুই-তিনিবাৰ
বসতি সলাব লগীয়া অৱস্থাৰো সৃষ্টি হয় কোনো কোনো বছৰত। ফলত স্কুল-কলেজ থকাতো দূৰৰে
কথা, সাধাৰণ জীৱন যাপনৰ কাৰণে প্রয়োজন হোৱা ন্যূনতম সা-সুবিধাখিনিও
নাই এই অস্থায়ী চৰসমূহত। এটা নিশাৰ ভিতৰত স্বৰ্বস্বান্ত হৈ এইসমূহ চৰৰ বহু
পৰিয়াল টালি-টোপলা লৈ পৰিয়ালসহ কৰ্মৰ সন্ধানত দিহিঙে-দিপাঙে
ঢাপলি মেলিব লগা হয়। ইয়াৰ উপৰিও মূল ভু-খণ্ডত বাসবাস কৰা বহু ভূমিহীন কৃষক
পৰিয়ালো আছে যিসকলে কৰ্মৰ সন্ধানত বিভিন্ন ঠাইত পিয়াপি দি ফুৰিব লগ হয়।
নৈৰ পানীতকৈ নৈৰ বুকুত
ভাহি ফুৰা মেটেকা, জাৱৰ-জোঁথৰে যেনেকৈ মানুহৰ অধিক দৃষ্টি আকর্ষণ
কৰে, ঠিক সেইদৰে শিক্ষা-দীক্ষা, সভ্যতা- সংস্কৃতিৰ পৰা বঞ্চিত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস
কৰা কৰ্মৰ সন্ধানত নগৰ-চহৰত পিয়াপি দি ফুৰা এইসকল শ্রমিকশ্ৰেণীৰ মানুহবিলাকে সহজে
সভ্য মানুহৰ দৃষ্টি
আকর্ষণ কৰে আৰু সভ্য মানুহবিলাকে সঠিক আঁতিগুৰিৰ ভু-নোলোৱাকৈ দৰিদ্ৰ নিৰক্ষৰ
মানুহবিলাকক সন্দেহযুক্ত বাংলাদেশী হিচাপে চিহ্নিত কৰে। এই প্ৰক্ৰিয়া বছৰৰ পাছত বছৰ ধৰি
চলি আছে আৰু বৈধ ভাৰতীয় নাগৰিক হৈয়ো এইসকল মানুহে সন্দেহযুক্ত বাংলাদেশীৰ নামত দীর্ঘদিন ধৰি
নীৰৱে বিভিন্ন ধৰণৰ নিৰ্যাতন সহ্য কৰি আহিছে। কাৰণ শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত
এইসকল লোকৰ প্ৰতিবাদৰ ভাষা জনা নাই। সেয়ে নির্যাতিত হৈয়ো শিক্ষিতচামৰ দৰে ন্যায্য দাবীৰ
সমৰ্থনত ৰাজপথলৈ ওলাই আহিব নোৱাৰে। কিন্তু এটা কথা ঠিক যে, এইসকল মানুহে
কেতিয়াবা অভিমানত যদি সভ্য মানুহৰ লগত অসহযোগিতা কৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে আমাৰ সভ্যতাৰ
চকৰিডাল সাময়িকভাবে হ’লেও স্তব্ধ হৈ পৰিব, ই ধুৰূপ। মুছলমানসকলৰ
দুই ঈদ পৰ্বৰ সময়ত নগৰ-চহৰৰ অৱস্থালৈ লক্ষ্য কৰিলেই এই কথাৰ সত্যতা জজল্ পট্পট্কৈ
ওলাই পৰে।
বর্তমান সীমান্ত আৰক্ষীৰ
বাংলাদেশী চিনাক্তকৰণ অভিযান কিছু শিথিল হৈছে যদিও অসম জাতিয়তাবাদী যুৱ ছাত্ৰ
পৰিষদৰ লগতে অন্যান্য জাতিয়তাবাদী সংগঠনসমূহে সন্দেহযুক্ত
বাংলাদেশীৰ নামত কৰ্মৰত অথবা কৰ্মৰ সন্ধানত যোৱা দুখীয়া শ্ৰমিকসকলক কোনো ধৰণৰ
তথ্য অবিহনেই সন্দেহযুক্ত বাংলাদেশী সজাই আৰক্ষীৰ হাতত গতোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
এই প্রক্রিয়া যদি দীর্ঘদিনলৈ অব্যাহত থাকে তেনেহ'লে শ্ৰমিকসকল ভীতিগ্ৰস্ত হৈ
কর্মক্ষেত্র ত্যাগ কৰাটো স্বাভাৱিক। আৰু যদি প্ৰকৃততে তেনেকুৱা অৱস্থাৰ সৃষ্টি হয়, তেনেহ'লে চহৰ-নগৰৰ
অৱস্থা কি হ’ব পাৰে, এবাৰলৈ হ’লেও সভা শিক্ষিত সমাজে সেয়া জুকিয়াই চোৱাটো প্রয়োজন।
(গণ অধিকাৰ-২০১৪)
বংগীয় মূলৰ মুছলমান সমাজত বিহু আৰু
জাতীয় সমন্বয়ৰ ক্ষেত্ৰত ইয়াৰ প্ৰাসংগিকতা
বিহু অসমৰ জাতীয় উৎসৱ।
কৃষিজীৱী মানুহৰ উৰ্বৰা বিশ্বাসৰ ভেঁটিত বিহুৰ উৎপত্তি। বিহু কৃষিজীৱী মানুহৰ
কৃষিকৰ্মৰ সফলতাৰ আনন্দৰ বৰ্হিঃপ্রকাশ। বিহু মূলতঃ অনাৰ্যসকলৰ উৎসৱ। হিন্দু সংস্কৃতিৰ
বাহকসকলে বিহুক নিলাজ নৃত্য বুলি আখ্যা দিয়াৰপৰা এই কথা সহজে অনুমান কৰিব পাৰি।
বৰ্তমান অসমত বসবাস কৰা ভাষা ধর্ম নির্বিশেষে সকলো জনগোষ্ঠীয়ে বিহুক জাতীয় উৎসৱ
হিচাপে আঁকোৱালী লৈছে। ধৰ্ম নিৰপেক্ষ আৰু কৃষিভিত্তিক উৎসৱ হিচাপে অসমৰ
বংগীয়মূলৰ মুছলমানসকলওে সম্প্ৰতি বিহুৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ পৰিছে।
সম্প্ৰতি বংগীয়মূলৰ মুছলমান অধ্যুষিত অঞ্চলৰ স্কুল-কলেজ, ক্লাৱ পৰ্যায়ৰ
সাংস্কৃতিক অনুষ্ঠানসমূহত বিহু নৃত্য আৰু বিহুগীতে ইমানেই সমাদৰ লাভ কৰিবলৈ লৈছে
যে,
দেখিলে আচৰিত
যেনেই লাগে। বিয়া-সবাহ
আদি যিকোনো অনুষ্ঠানত বিহুৰ কেচেট নাবাজিলে যেন অনুষ্ঠানটো আধৰুৱা হৈ ৰয়। বিহু
নাচৰ কথা শুনিলে ডেকা-বুঢ়া, জীয়ৰী- বোৱাৰী সমন্বিতে বিহু নাচ চাবলৈ ঢাপলি মেলে। টি, ভিত বিহু নাচ বা
গীতৰ অনুষ্ঠান থাকিলে ডেকা-গাভৰু আৰু চেমনীয়াচামে বেলেগ অনুষ্ঠান চোৱাৰ কথা পাহৰি
যায়। পুৰণিচামে পল্লীগীতি, ভাওয়াইয়া আদি গীতৰ প্ৰতি সহমর্মিতা অনুভৱ
কৰিছিল যদিও অর্বাচীনচামে সেইবোৰ বাংলাগীতৰ পৰিৱৰ্ত্তে বিহুগীতকে আন্তৰিকতাৰে গ্ৰহণ কৰিবলৈ
লৈছে। বহু বংগীয় মূলৰ মুছলমান ছোৱালীয়ে বিহুনাচ নাচিব জনা হৈছে। ইচলাম ধৰ্মত
গীত-বাদ্য নিষিদ্ধ। ফলত মুছলমান সমাজত গীত-বাদ্যৰ চৰ্চা কম। অন্যান্য সম্প্ৰদায়ৰ দৰে
গীত-বাদ্যৰ চৰ্চা থাকিলে কিছু সংখ্যক ছোৱালীয়ে হয়তো ইমান দিনে বিহু কুঁৱৰী, বিহু সম্রাজ্ঞী
আদি প্রতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ সক্ষম হ’লহেঁতেন। মাথোন ৰঙালী
বিহুৱে নহয়, মাঘ বিহুও বহু যুগ ধৰি বংগীয়মূলৰ মুছলমান সমাজত প্ৰচলিত হৈ আহিছে। বৰপেটা জিলাৰ
কাদং,মেধিৰটাৰী, বালিকুৰীকে আদি কৰি বিভিন্ন অঞ্চলত তিনি চাৰি দিনীয়া কাৰ্যসূচীৰে অতি উৎসাহ উদ্দীপনাৰে
মাঘ বিহু পালন কৰা হয়। উজনি আৰু মধ্য অসমত ‘বিহু’ নামেৰে জনপ্ৰিয়
বিহু নামনি অসমত দোমাহী, দম্হি, দৰ্মি আৰু কোনো কোনো অঞ্চলত
বিশেষকৈ আমাৰ বৰপেটা অঞ্চলত পুষুৰা নামেৰে জনা যায়।
বিহু যিহেতু অনাৰ্যসকলৰ
উৎসৱ হিচাপে স্বীকৃত, গতিকে ধর্মান্তৰিত মুছলমান হিচাপে বংগীয় মূলৰ
মুছলমানৰ তেজৰ মাজত অতীতৰেপৰা বিহুৰ বীজ নিহিত হৈ আছে বুলি ভবাৰ থল আছে। এই কথাৰ
সত্যতা প্রতিপন্ন কৰিবলৈ হ’লৈ আমি পুণ্ড্ৰবৰ্দ্ধনৰ ভূমিত গঢ়লৈ উঠা অতীতৰ
প্ৰাগজ্যোতিষ- কামৰূপ-কমতাৰ সময়লৈ পিছুৱাই যাব লাগিব। বৰ্তমানৰ বাংলাদেশ, পশ্চিম বংগ, ঝাৰখণ্ড, ত্ৰিপুৰা, অৰ্বাচীন অসমৰ
ব্ৰহ্মপুত্ৰ উপত্যকা, মেঘালয়কে আদি কৰি বিহাৰ
আৰু নেপালৰ একাংশ সামৰি এটা সময়ত পুণ্ড্ৰবৰ্দ্ধনৰ ভূমিৰ অন্তৰ্ভূক্ত আছিল বুলি
ইতিহাসবিদ আৰু সমালোচকৰ সৰ্বজন স্বীকৃত সিদ্ধান্তৰপৰা জানিবপৰা যায়। পুণ্ড্ৰবৰ্দ্ধনৰ
ভূমিভাগতে প্রাচীন প্রাগজ্যোতিষ-কামৰূপ আৰু শেষৰ পৰ্যায়ত কমতা-কোঁচ আৰু আহোম
ৰাজ্য গঢ়লৈ উঠিছিল। জীৱন ধাৰণ প্ৰাণালী, সংস্কৃতি, ধর্মীয় বিশ্বাস আদিৰ
আধাৰত ইতিহাসবিদসকলে দিয়া মতামত আৰু সিদ্ধান্তৰপৰা পাঁছ হাজাৰ বছৰতকৈও অধিককাল আগতে
প্রাগজ্যোতিষ-কামৰূপৰ ভূমিভাগত নেগ্রেটো, অষ্ট্রিক, দ্রাবিড় আৰু
মংগোলীয় জনগোষ্ঠীৰ পুণ্ড্র, নিষাদ, দামিল, মুণ্ডা, কেওঁট, কৈৱৰ্ত্ত, কিৰাত আদি
আদিবাসীসকলে বসবাস কৰিছিল বুলি জনা যায়। আৰ্যসকলে এওঁলোকক অসুৰ, দস্যু, ম্লেচ্ছ, অনার্য আদি
অপমানসূচক নামেৰে অভিহিত কৰিছিল। শেষৰ পৰ্যায়ত আৰ্যসকলে জাতিভেদ প্রথাৰ সৃষ্টি কৰি এওঁলোকক
শূদ্ৰৰ অন্তৰ্ভূক্ত কৰিছিল। অষ্ট্ৰিকসকল মূলতঃ কৃষিজীৱী আছিল আৰু এওঁলোকৰ লগত
সংমিশ্রণ হৈ দ্রাবিড় ও নেগ্রেটোসকলো কৃষিভিত্তিক সভ্যতাৰ অংশীদাৰ হৈ পৰিছিল।
আৰ্যসকলৰ আগমনৰ আগতেই এওঁলোকে প্রাগজ্যোতিষ-কামৰূপৰ ভূমিত
কৃষিভিত্তিক সভ্যতা গঢ়ি তুলিছিল বুলি ঐতিহাসিকভাবে প্রমাণিত। কৃষিভিত্তিক
অনুষ্ঠান হিচাপে এওঁলোকৰ মাজতে সর্বপ্রথম বিহু উৎপত্তি হৈছিল বুলি
অনুমান কৰিব পাৰি।
ভাৰতবৰ্ষৰ মুছলমানসকলৰ
মাথোন ১৩ শতাংশ মুছলমানহে আৰব, ইৰাণ, ইৰাকৰপৰা প্ৰব্ৰজন কৰি
অহা মুছলমান। অৱশিষ্ট ৮৭ শতাংশ মুছলমান ধর্মান্তৰিত মুছলমান। নিম্ন বৰ্ণৰ লোকসকলেই
মূলতঃ অধিক পৰিমাণে ইছলাম ধৰ্মত দীক্ষিত হৈছিল বুলি ৰমেশ চন্দ্ৰ দত্তই তেওঁৰ ‘বাংলাৰ কৃষক সমাজ’ নামৰ গ্ৰন্থত
উল্লেখ কৰিছে। প্ৰাগজ্যোতিষ-কামৰূপৰ ৰত্নপীঠ আৰু কামপীঠ অঞ্চলত পৰৱৰ্ত্তী পৰ্যায়ত
গঢ়লৈ উঠা কমতাপুৰৰ বিশেষকৈ ৰত্নপীঠ অঞ্চল মোগলসকলে দখল কৰাৰ পাছত হিন্দু ব্ৰাহ্মণৰ
দৌৰাত্মৰপৰা ৰক্ষা পাবলৈ আদিবাসীসকলেই অধিক পৰিমাণে ইছলাম ধৰ্মত দীক্ষিত হৈছিল
বুলি ৰমেশ চন্দ্ৰ
দত্তই প্ৰাগোক্ত গ্ৰন্থত উল্লেখ কৰিছে। অৱশ্যে উচ্চপদ লাভৰ আশাত আৰু ব্ৰাহ্মণসকলৰ
দৌৰাত্মত ধৰ্মচ্যুত হৈয়ো কিছু সংখ্যক হিন্দুই ইছলাম ধৰ্মত
দীক্ষিত হৈছিল বুলি জনা যায়। অৱশ্যে এনেকুৱা ধৰ্মান্তৰিতলোকৰ সংখ্যা আঙুলি মূৰত
লেখিবপৰা ধৰণৰ আছিল।
সম্প্ৰতি অসমত বসবাস কৰি
থকা বংগীয়মূলৰ মুছলমানসকল যে আদিবাসীৰপৰা ধৰ্মান্তৰিত মুছলমান এই ক্ষেত্ৰত
সন্দেহৰ অৱকাশ নাই। (এই ধর্মান্তৰিত মুছলমানসকল তেতিয়াৰ অসমৰ
বুদ্ধিজীৱীসকলৰ পৰামৰ্শ ক্ৰমে অর্থনৈতিক কাৰণত ব্ৰিটিচৰ পৃষ্ঠপোষকতাত বংগৰপৰা
আন্তঃপ্ৰব্ৰজন কৰি অর্বাচীন অসমললৈ উঠি আহিছে। এই প্ৰব্ৰজনৰ সোঁত ঊনৈছ শতিকাৰ নব্বৈ দশকৰপৰা
আৰম্ভ কৰি দ্বিতীয় মহাসমৰৰ সময়লৈকে অব্যাহত আছিল।) কাৰণ নৃতাত্ত্বিক
গঠন তথা চকু-নাক, চুলিৰ গঠন আৰু বহু আচাৰ, পৰম্পৰা আদিৰ
ফালৰপৰা এওঁলোকৰ লগত থলুৱা কেওঁট, কৈৱৰ্ত্ত, কিছু সংখ্যক দাস
উপাধিৰ লোক আৰু নিম্নবর্ণ
বঙালী হিন্দুৰ যথেষ্ট মিল থকা দেখা যায়। ভাষাৰ ক্ষেত্ৰতো কিছু শব্দৰ অমিলৰ বাহিৰে
বহু সাদৃশ্য আছে। যিখিনি পার্থক্য দেখা যায় সেয়া মাথোন ভৌগোলিক অৱস্থানৰ বাবেহে
হোৱা বুলি অনুমান কৰিব পাৰি। কাৰণ ভাষা জাতি নিৰ্ভৰ নহয়, পৰিবেশ আৰু
পৰিস্থিতি নিৰ্ভৰহে। জাতিৰ জৈৱিক সত্ত্বাৰ লগত ভাষাৰ কোনো নৈমিত্তিক সম্পর্ক নাই।
আফ্ৰিকাৰ নিগ্রোয়েড্সকল উত্তৰ আমেৰিকাত ইংৰাজী আৰু দক্ষিণ আমেৰিকাত স্পেনিচ
ভাষা ব্যৱহাৰ কৰে। একে জনগোষ্ঠীৰ মাজত ভিন্ ভিন্ ভাষা প্রচলন থকাৰ উদাহৰণ অসমতো
আছে। একে মংগোলীয় জনগোষ্ঠীৰ বড়ো, ডিমাচা, ৰাভা, হোজাই, লালুং, ত্ৰিপুৰী আদি
জনগোষ্ঠীয়ে বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰে। উজনি আৰু নামনি অসমৰ অসমীয়া কথিত
ভাষাৰমাজতো যথেষ্ট পার্থক্য থকা পৰিলক্ষিত হয়। নলবাৰীৰ ভাষা বৰপেটাৰ ভাষাতকৈ
পৃথক। বৰপেটাৰ ভাষা আকৌ গোৱালপাৰা বা ধুবুৰীৰ ভাষাতকৈ পৃথক। গোৱালপাৰাৰ
ভাষা বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰত প্ৰচলিত ভাষাৰ সমকক্ষ। সেয়ে এটা সময়ত অৰ্বাচীন
অসমৰ নামনি অসমৰ মানুহ উজনি অসমৰ ভাষাৰ প্ৰতি সন্তুষ্ট নাছিল। নামনিৰ
মানুহে কামৰূপী ভাষাহে ৰাজ্যিক ভাষা হিচাপে কামনা কৰিছিল। ভাষিক, সাংস্কৃতিক আৰু
পৰম্পৰাগত সাদৃশ্য থকাৰ কাৰণে ভাৰতবৰ্ষ বিভাজনৰ আগলৈকে নামনি অসমৰ থলুৱালোকে বিশেষকৈ
বৰপেটীয়া লোকে পূৰ্ববংগৰ মানুহৰ লগত কোনো ভেদ ভাৱ নাৰাখিছিল।
বৰপেটা বিদ্যাপীঠৰ
মহাৰ্জত জয়ন্তী উপলক্ষ্যে সম্পাদিত স্মৃতিগ্ৰন্থত বিজনলাল চৌধুৰীয়ে লেখা এটি
প্ৰৱন্ধই এই কথাৰ প্ৰতিপুষ্টি সাধন কৰিছে। তেওঁ লেখিছে-‘বৰপেটা অঞ্চলৰ
বেপাৰী বা ব্যৱসায়ীসকলে নাৱেৰে মৈমন সিং, ৰংপুৰ, ঢাকা আদিলৈ গৈয়ো
ব্যৱসায়ৰ বস্তুবাৰী কিনা-বেচা কৰিছিল আৰু তাৰ মাজেদি সংস্কৃতি আৰু গীত-মাতৰো
আদান-প্রদান হৈছিল। ব্রিটিচ শাসন চলি থকাৰ প্ৰথম ভাগত বৰপেটাৰ ব্যৱসায়ীসকলে
পূর্ববংগক বাঙালী বা মুছলমান বুলি বিদ্বেষৰ চকুৰে চোৱা নাছিল। তদুপৰি অখণ্ড ভাৰতৰ এখন প্রদেশ
আছিল বাবেই বিদেশ বা শত্ৰু ভবাৰো থল নাছিল। বৰং ঢাকা বা কলিকতা অভিমুখে
ব্যৱসায়িক স্বাৰ্থত অহা-যোৱা কৰাৰ বাবে উৎসাহ অনুভৱ কৰিছিল। এইদৰে পূৰ্ববংগৰ
লোকগীত, লোক-সংস্কৃতি আৰু লোক- সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হৈ সুখী আৰু সন্তুষ্ট
হৈছিল। সৌসিদিনালৈকে নখন্দা নৈত পূৰ্ববংগৰপৰা বিৰাট আকাৰৰ ধানৰ নাও আহিছিল আৰু
বস্তু কিনা- রেচা কৰিছিল। এই নাৱবোৰক বৰপেটাৰ মানুহে চৰি নাও বুলি কৈছিল। পূৰ্ববংগৰপৰা
গীত-মাতবোৰ বৰপেটাৰ নাৱৰ রেপাৰীবোৰে শিকি আহি বিয়াৰ বৈঠকীত গাই আড্ডা
জমাই তুলিছিল। সেই সময়ত বৰপেটাৰ ৰাইজে বাংলা ভাষাৰ গীত-মাত, নাটকৰদ্বাৰা
প্ৰভাৱিত হৈছিল। নামনি অসমৰ একাংশ বুদ্ধিজীৱীয়ে উজনি অসমৰ মান্য ভাষা অসমীয়া
ভাষাৰ মাধ্যম ভাষা হোৱাত সন্তুষ্ট হোৱা নাছিল আৰু তেওঁলোকে প্রাচীন কামৰূপ-কমতাৰ
কামৰূপী ভাষা আধুনিক যুগতো ব্যৱহাৰ কৰাৰ পক্ষপাতী আছিল। আজি আমি সময়ৰ সোঁতত উজনি অসমৰ
ভাষাকেই মাধ্যম হিচাপে গ্ৰহণ কৰিছো।’
মাথোন উজনিৰ মানুহবিলাকে
যে নামনি লৈ গৈছিল তেনে নহয়, নামনিৰ মানুহো ধান কটাৰ সময়ত ধান দাবলৈ উজনিলৈ
আহিছিল। নামনিৰ স্থানীয় ভাষাত ইয়াক ‘দাওয়া কটা’ বুলি কোৱা হৈছিল। নামনি
আৰু উজনিৰ মানুহৰ সুসম্পৰ্কৰ আঁৰৰ ৰহস্য মাথোন বেহা-বেপাৰেই নাছিল, জাতিগত আৰু পৰম্পৰাগত
সম্পর্কও ইয়াৰ আঁৰৰ ৰহস্য আছিল বুলি ভবাৰ থল আছে। বর্তমানেও কিছু কিছু পৰম্পৰা, ৰীতি-নীতি, খোৱা-বোৱা, গহেনা-গাঁঠৰি, সাজ-পাৰ আদিৰ
ক্ষেত্ৰত বংগীয়মূলৰ মুছলমানৰ লগত থলুৱা অসমীয়া হিন্দুৰ যথেষ্ট সাদৃশ্য আছে।
কু-সংস্কাৰ, অন্ধবিশ্বাস, ভূত-প্রেতত বিশ্বাস, ওজা- কবিৰাজৰ
জৰা-ফুকাকে আদি কৰি বহু ক্ষেত্ৰত বংগীয়মূলৰ মুছলমান আৰু থলুৱা হিন্দুৰ বিশ্বাস
একে। বেউলা-লখিন্দৰৰ কাহিনী অসমীয়া হিন্দুৰ মাজত যেনেকৈ বহুল
প্রচলিত বংগীয়মূলৰ মুছলমানৰ মাজতো তেনেকৈ প্রচলিত। উভয় সম্প্ৰদায়ে
বেউলা-লখিন্দৰৰ কাহিনীক নিজৰ কাহিনী বুলি ভাবে। অসমীয়া হিন্দুৰ
যিদৰে খনা বা ডাকৰ বচনৰ ওপৰত অগাধ বিশ্বাস সেইদৰে বংগীয় মূলৰ মুছলমান সমাজতো খনা
বা ডাকৰ বচনৰ ওপৰত অগাধ বিশ্বাস থকা দেখা যায়। দালি-মাছ ভাত, তিলৰ লাডু, টেকেলি পিঠা, দাইলৰ বড়া, জিলেপী, পায়স. চিৰা, মূৰি, আঁখৈ, বিভিন্ন পিঠা-পনা
উভয় সম্প্ৰদায়ৰ মাজত সমানে জনপ্রিয়। কিছুদিন আগলৈকো উভয় সম্প্ৰদাযৰ কৃষিজীৱী সমাজত পঁইতা
আৰু কৰ্কৰা ভাতৰ প্ৰচলন আছিল। পঁইতা ভাতক লৈ উভয় সম্প্ৰদায়ৰ মাজত
ফঁকৰা যোজনাও প্রচলিত আছে। অৱশ্যে ভাষাগত কিছু পার্থক্য আছে। অসমীয়া সমাজত
প্ৰচলিত ফঁকৰা হ'ল এনে ধৰণৰ- মাঘৰ পঁইতা বাঘৰ বল।
বংগীয় মূলৰ মুছলমান সমাজত প্ৰচলিত ফঁকৰা এনে ধৰণৰ পানী পান্তা জল, সাত মৰদেৰ বল।
উভয় সম্প্ৰদায়ৰ মাজত
বিয়াৰ সময়ত মাহ-হালধিৰ ব্যৱহাৰ দেখা যায়। বিয়া বা অন্যান্য মাংগলিক অনুষ্ঠানত
উভয় সম্প্রদায়ে কল গছেৰে ৰভা সাজে। ভোজ-ভাত খাওঁতে কল পটুৱা আৰু কল-পাত
ব্যৱহাৰ কৰে। ঢেকীৰ ব্যৱহাৰ উভয় সম্প্ৰদায়ৰ মাজতে প্রচলিত। ঢেকীক লৈ উভয়
সম্প্ৰদায়ৰ মাজত ফঁকৰা যোজনাও আছে। যেনে- ‘ঢেকী স্বৰ্গলৈ গ'লেও ধান বানে।' তুলসী, আঁহত, বট, আম, বেল, পলাশ, অশোক অসমীয়া ও
বঙালী হিন্দুৰ দৰে বহুতো মুছলমানে ধৰ্মীয় আধাৰত নহ'লেও ঔষধি আৰু খাদ্য গুণৰ
বাবে সন্মান প্ৰদৰ্শন কৰে। নতুন গৰু কিনি প্ৰথম ঘৰলৈ আনি গৰুৰ ভৰি ধুওৱা নিয়ম অসমীয়া
আৰু বঙালী হিন্দুৰ দৰে বংগীয় মূলৰ মুছলমান সমাজতো প্রচলিত। গৰুক লৈ ফঁকৰা যোজনাও
আছে উভয় সম্প্ৰদায়ৰ মাজত। অসমীয়া হিন্দুৰ মাজত প্ৰচলিত ফঁকৰা হ’ল এনে ধৰণৰ- যাৰ নাই
গৰু, সি সবাতোকৈ সৰু। বংগীয় মূলৰ মুছলমান সমাজত প্ৰচলিত ফকৰা এনে ধৰণৰ- গৰু নাই যাৰ, পোৰা কপাল তাৰ।
অষ্ট্রিকসকলে পশু বলি দি
কপালত তেজ ঘহিছিল। অষ্ট্ৰিক জনগোষ্ঠীৰ পৰাই সেন্দুৰৰ প্ৰচলন হোৱা বুলি ক'ব পাৰি।
বংগীয়মূলৰ মুছলমানে কপালত সেন্দুৰৰ ফোঁট নল’লেও সৌসিদিনালৈকে
সেন্দুৰ নহ'লে কোনো কোনো অঞ্চলৰ মুছলমান সমাজত বিয়া নহৈছিল। ধানৰ প্ৰথম থোক আনি ভঁড়াল ঘৰৰ
সন্মুখত ওলোমাই ৰখাৰ নিয়ম উভয় সম্প্ৰদায়ৰ মাজত প্ৰচলতি। হিন্দুসকলে গৰুৰ গোবৰক
পবিত্র জ্ঞান কৰাৰ দৰে বহুতো মুছলমানে গৰুৰ গোবৰক পবিত্র জ্ঞান কৰে। এয়া অৱশ্যেই ইচলাম
ধৰ্মৰ পৰপিন্থী। প্ৰকৃতাৰ্থত মুছলমানসকলে ধৰ্মীয় বিশ্বাসৰ আধাৰত এইবোৰ আচৰণ নকৰে; পুৰুষানুক্রমে
লব্ধ পৰম্পৰা বা সংস্কৃতি হিচাপেহে পালন কৰে। এনেকুৱা আৰু বহু পৰম্পৰা আছে, যিবোৰ উভয়
সম্প্ৰদায়ৰ মানুহে অতি নিষ্ঠাৰে পালন কৰে। উভয় সম্প্ৰদায়ৰ মাজত প্ৰচলিত
এনেকুৱা আৰু বহু পৰম্পৰা আছে, যিবোৰ নেকি এটি ক্ষুদ্র প্ৰৱন্ধত লেখা সম্ভৱ
নহয়।
আহোমসকলে অসমীয়া
ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলৈ প্ৰায় দুই তিনিশ বছৰ লাগিছিল। অসমৰ থলুৱা
ভাষা-সংস্কৃতিৰ লগত পূৰ্বৰে পৰা সাদৃশ্য থকাৰ ফলত বংগীয়মূলৰ
মুছলমানসকলে এশ বছৰতকৈও কম সময়ৰ ভিতৰত অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলৈ সক্ষম
হৈছে। অসম আন্দোলনৰ আগলৈকে এই প্রক্রিয়া খুব দ্রুত গতিত
আগবাঢ়িছিল। অসম আন্দোলনে এই প্রক্রিয়াত কিছু শিথিলতা আনিলেও এতিয়াও এই
প্রক্রিয়া কিছু মন্থৰভাবে হ’লেও অব্যাহত আছে। বিজন লাল
চৌধুৰীয়ে পূর্বোক্ত স্মৃতি গ্ৰন্থত এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ লেখিছে-আমাৰ পূৰ্বসূৰী
নাৱৰ বেপাৰীসকলে পূৰ্ববংগৰ লগত সাংস্কৃতিক সমন্বয় কৰি যিবোৰ গীত-মাত বৰপেটা লৈ আনিছিল আৰু
জনপ্ৰিয় কৰি তুলিছিল সেই সংস্কৃতিক আজি অসন্মানৰ দৃষ্টিৰে চোৱা অনুচিত।
সংকীৰ্ণ অসমীয়া জাতীয়তাবাদী দৃষ্টিৰে ইতিহাসৰ সত্যক মচি পেলাবলৈ অপচেষ্টা কৰাটো
নিশ্চয় ভুল। বিজন লাল চৌধুৰীৰ এই মন্তব্যৰ মাজত যথেষ্ট সত্যতা লুকাই আছে।
সংস্কৃতি, পৰম্পৰা হ’ল বোঁৱতী নৈৰ
দৰে। সময়ে সময়ে নৈয়ে গতিপথ সলনি কৰিলেও যিদৰে নৈয়ে নিজৰ ধৰ্ম ত্যাগ নকৰে
সেইদৰে সংস্কৃতি পৰম্পৰাই সময়ৰ আহ্বানত কিছু ৰূপ সলালেও মূলৰপৰা একেবাৰে বিচ্যুত হ’ব নোৱাৰে। আনহাতে
মানুহে ধৰ্ম-ভাষা ত্যাগ কৰিলেও সংস্কৃতি পৰম্পৰা সহজে ত্যাগ কৰিব
নোৱাৰে। উদাহৰণ স্বৰূপে বংগীয় মূলৰ মুছলমানৰ কথাই উনুকিয়াব পাৰি। তেওঁলোকে ধর্ম
ত্যাগ কৰিলেও পূৰ্বপুৰুষৰ পৰম্পৰা এতিয়ালৈকে ত্যাগ কৰিবপৰা নাই। ধর্মীয় আচৰণৰ
পৰিপন্থী বুলি জানিও বহু পৰম্পৰা পালন কৰি আছে। এই ক্ষেত্ৰতসাম্প্ৰতিক কালৰ
উদাহৰণো দিয়া যাব পাৰে। তথাকথিত ইংৰাজী প্রেমীসকলে ইংৰাজীৰ প্ৰেমত পৰি নিজৰ ল'ৰা-ছোৱালীক
ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱালেও বিহুৰ বতৰত দুফাকি বিহুগীত গুন্গুন্
নকৰাকৈ থাকিব নোৱাৰে। ইয়াৰপৰা সহজে অনুমান কৰিব পাৰি যে, ভাষাতকৈও
সংস্কৃতিয়ে মানুহক অতি সহজে আপোন কৰি ল’ব পাৰে। তদুপৰি
বিভিন্ন জনগোষ্ঠীৰ মাজত পৰম্পৰা সংস্কৃতিয়ে সাঁকোৰ দৰে কাম কৰে।
এটা সময়ত অসমীয়া ভাষা
প্রচাৰ আৰু প্ৰসাৰৰ জৰিয়তে ভৈয়াম আৰু পাহাৰৰ মাজত সমন্বয়ৰ উদ্যোগ লোৱা হৈছিল।
ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বিষ্ণুৰাম মেধিয়ে অসমীয়া ভাষা শিকোৱাৰ কাৰণে
পাহাৰীয়া ক্ষেত্ৰৰ বিষয়াসকলক ভৈয়াম লৈ আৰু ভৈয়ামৰ বিষয়াসকলক পাহাৰ লৈ বদলিৰ
এক প্ৰক্ৰিয়া হাতত
লৈছিল; কিন্তু এই কার্যত তেওঁ ফলপ্ৰসূ হ’বপৰা নাছিল। শেষত ভাষাৰ
গইনালৈয়ে অসমখন খণ্ড-বিখণ্ড হৈ গ'ল। এতিয়াও সেই প্রক্রিয়া
বড়োসকলে অব্যাহত ৰাখিছে। বিষ্ণুৰাম মেধিয়ে ভাষাৰ জৰিয়তে সমন্বয়ৰ চেষ্টা নকৰি
যদি সংস্কৃতিৰ জৰিয়তে চেষ্টা কৰিলেহেঁতেন, তেনেহ'লে হয়তো অধিক
ফলপ্রসূ পদক্ষেপ হ'লহেঁতেন বুলি ভবাৰ থল আছে। সম্প্ৰতি অসমৰ
প্ৰতিটো জনগোষ্ঠী নিজৰ নিজৰ পৰিচয়ৰ কাৰণে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে।
ফলত অসমত জাতীয় সমন্বয়ৰ অভাবে দেখা দিছে। একমাত্ৰ বিহুই সম্প্রতি কিছু হ’লেও জাতীয়
পৰিচয়ক প্রতিনিধিত্ব কৰি আছে বুলি ক'লে হয়তো বঢ়াই কোৱা নহ’ব। সেয়ে বিজনলাল
চৌধুৰীৰ সুৰতে সুৰ মিলাই ক’ব পাৰি- ‘সংকীর্ণ জাতীয়তাবাদী
সংগঠনসমূহে আবেগেৰে পৰিচালিত হৈ শ্লোগান সৰ্বস্ব আন্দোলনেৰে অসমখনক
অস্থিৰ কৰি ৰখাতকৈ কৰ্ম সংস্কৃতিৰ সৃষ্টি কৰি সাংস্কৃতিক আন্দোলন গঢ়ি তোলাটোহে
সম্প্রতি অসমৰ কাৰণে অধিক প্রয়োজন। বিহুই এই সমন্বয়ৰ ক্ষেত্ৰত অধিক ফলপ্ৰসু ভূমিকা ল'ব পাৰিব বুলি আশা
কৰিব পাৰি।’
(সদৌ বৰপেটা জিলা ৰঙালী
বিহু উদযাপন সমিতিৰ ২০১৪ চনৰ বিহুৱানত প্রকাশিত।)
ৰোহিঙ্গীয়া মুছলমান আৰু
ম্যানমাৰ
চৰকাৰী বাহিনীৰ তাণ্ডৱ
সম্প্ৰতি ম্যানমাৰ যেন
মানৱতাৰ বধ্যভূতি পৰিণত হৈছে। ম্যানমাৰত যি ৰোহিঙ্গীয়া মুছলিম নিধনযজ্ঞ চলিছে
সেয়া শুনিলেও গাৰ নোম শিয়ঁৰি উঠে। ছ'ছিয়েল মিডিয়াযোগে যিবোৰ
দৃশ্য পোহৰলৈ আহি আছে সেইবোৰ প্ৰত্যক্ষ কৰিলে মনত প্রশ্ন উদয় হয় আমি সম্প্রতি
কোন যুগত বসবাস কৰি আছো? একৈছ শতিকাৰ আধুনিক
সভ্যযুগত নে আদিম বৰ্বৰ যুগত? হয়তো আদিম বৰ্বৰ যুগতো এনেকুৱা নিৰীহ সাধাৰণ
মানুহক পাইকাৰী হাৰে হত্যা কৰা হোৱা নাছিল। ৰোহিঙ্গীয়া মুছলমানৰ ওপৰত
চলোৱা নিৰ্যাতনে সমগ্র বিশ্বক জোকাৰি গৈছে। মানৱতাক লজ্জানত কৰা সীমাহীন নৃশংসতাই
একৈছ শতিকাৰ সভ্যতাক
ভেঙুচালি কৰিছে। মৃত্যু কি বস্তু উপলব্ধি কৰিব নোৱাৰা শিশুসকলক নৃশংসভাবে হত্যা
কৰাৰ লগতে নাৰী ধৰ্ষণ, জীৱন্তে পুৰি মাৰা, ঘৰ-দুৱাৰ জ্বলাই
দেশ এৰিবলৈ বাধ্য কৰোৱাৰ দৰে পাশৱিক অত্যাচাৰ চলাই ম্যানমাৰত এক নাৰকীয় বৰ্ধতা
সংঘটিত কৰিছে স্বয়ং চৰকাৰী বাহিনীয়ে। যেন ববৰ্তাৰ ক্ষেত্ৰত হিটলাৰৰ নাৎচি বাহিনীকো
চেৰ পেলাইছে।
আচৰিত কথা এয়ে যে, নোবেল বঁটা
বিজয়ী আং চান সুচি এই নিপীড়নৰ কথা অস্বীকাৰ কৰিছে আৰু মানব অধিকাৰ কৰ্মী, নাৰীবাদী
সংগঠনবোৰে এইবোৰ দেখি-শুনিও চকুমুদা কুলিৰ ভাও জুৰি আছে। কানাডাৰ পাৰ্লামেণ্টৰ পৰা
ৰোহিঙ্গীয়া মুছলমানৰ ওপৰত গণহত্যা বন্ধৰ বাবে দাবী উত্থাপন হোৱাৰ লগতে আং
চান সুচিৰ নোবেল বঁটা ওভতাই নিয়াৰ বাবে দাবী উত্থাপন হৈছে। বৌদ্ধ আধ্যাত্মিক
ধর্মীয় গুৰু দালাই লামাও এই সহিংসতাক নিন্দা কৰিছে।
ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী এজেন্সি ইউএনএচচিৰ ফালৰপৰা কোৱা হৈছে যে, বিগত দুটা
সপ্তাহত প্রায় দুই লাখ সত্তৰ হাজাৰ লোক ম্যানমাৰৰপৰা বাংলাদেশলৈ
পলায়ন কৰিছে। বাংলাদেশত আশ্রয় গ্রহণ কৰা শৰণাৰ্থীসকলৰ অৱস্থাও খুবেই বেয়া বুলি
প্ৰকাশ কৰিছে উক্ত সংস্থাই। তাত থকা ঠাই আৰু খাদ্যৰ অভাৱ হৈছে। ফলত সিহঁতে এক দুর্বিষহ
জীৱন যাপন কৰিব লগা হৈছে। শৰণাৰ্থীৰ পৰিমাণ তিনি লাখলৈ বৃদ্ধি পাব পাৰে বুলিও
আশংকা প্ৰকাশ কৰিছে
উক্ত সংস্থাই। হিন্দু-বৌদ্ধ-খ্রীষ্টান ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক ৰাণাদাশগুপ্তই
এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, ম্যানমাৰত হিন্দু ৰোহিঙ্গাসকলো
নিৰাপদ নহয়৷ তেওঁৰ মতে এতিয়ালৈকে ৮৬ জন হিন্দুক হত্যা কৰা হৈছে আৰু বাড়ী-ঘৰ
জ্বলাই দিয়াৰ লগতে সিহঁতৰ সকলো সম্পদ লুটপাত কৰা হৈছে। এতিয়ালৈকে ৫০০ জন হিন্দু
শৰণাৰ্থী বাংলাদেশত আশ্ৰয় গ্ৰহণ কৰিছে।
কোন এই ৰোহিঙ্গাসকল? ৰোহিঙ্গাসকল
পশ্চিম ম্যানমাৰৰ আদিম তথা উল্লেখযোগ্য জনগোষ্ঠী। এওঁলোক ইছলাম ধৰ্মাৱলম্বী।
এওঁলোক ম্যানমাৰৰ আকিয়াব, ৰেখেডাং, বুথিডাং, মংডু, কিয়কতাও, মাম্ম্ৰা, পাত্তৰকিল্লা, কাইউকপাইউ, পুন্যাগুন আৰু পাউকতাউ
অঞ্চলত সংখ্যাত অধিক। মিনবিয়া, মাইবন আৰু অন্যান্য অঞ্চলত এওঁলোক মিশ্রিতভাবে
বসবাস কৰে। ২০১২ চনৰ তথ্য অনুসৰি ম্যানমাৰত প্ৰায় ৮ লাখ ৰোহিঙ্গা মুছলমান বাস
কৰে। ম্যানমাৰৰ
বাহিৰেও ৫ লক্ষাধিক বাংলাদেশত আৰু প্ৰায় ৫ লাখ লোক আৰবত বাস কৰে বুলি অনুমান কৰা
হয়। জাতিসংঘৰ তথ্য অনুসৰি ৰোহিঙ্গাসকল আজি বিশ্বৰ সবাতোকৈ নির্যাতিত জাতি। সমগ্ৰ
বিশ্বৰ ৰাষ্ট্ৰবিহীন নাগৰিকৰ প্ৰতি ৭ জনৰ ১ জন ৰোহিঙ্গীয়া মুছলমান।
অষ্টম শতাব্দীত আৰবসকলৰ
আগমনৰ পাছৰ পৰা আৰাকানত মুছলমানৰ বসতি আৰম্ভ হয়। আৰব বংশোদ্ভৱ এই জনগোষ্ঠী
মায়্যু সীমান্তৱৰ্ত্তী অঞ্চলতকৈ (বাংলাদেশৰ চট্টগ্রাম বিভাগৰ ওচৰত)
মধ্য আৰাকানৰ নিকৱৰ্ত্তী ভ্ৰক-ইউ আৰু কাইয়্যুকতাওৰ চহৰাঞ্চলত বাস কৰিবলৈ পছন্দ
কৰিছিল। এই অঞ্চলৰ বসবাসকাৰী মুছলমানসকল পৰৱৰ্ত্তী পৰ্যায়ত ৰোহিঙ্গা মুছলমান নামেৰে পৰিচিত
হৈ পৰে।
১৪৩০ খ্ৰীষ্টাব্দৰ পৰা
১৭৮৪ খ্ৰীষ্টাব্দলৈ ২২ হাজৰ বৰ্গমাইল এলেকা ব্যাপী আৰাকান স্বাধীন ৰাজ্য আছিল।
সম্রাট নাৰামেখলাৰ আৰাকান শাসন কালত বাঙালীসকলৰ আৰাকানত বসবাস কৰাৰ প্ৰমাণ
পোৱা যায়। সম্রাট নাৰামেখলা পৰৱৰ্ত্তী পৰ্যায়ত ইছলাম ধর্ম গ্রহণ কৰে। সোতৰ
শতিকাৰ শেষৰ ফালে বার্মাত বাঙালী মুছলমানৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। ১৭৮৫ খ্ৰীষ্টাব্দত
বার্মীজসকলে আৰাকান দখল কৰাৰ পাছৰপৰা ৰোহিঙ্গাসকলৰ দুভোগ আৰম্ভ হয়।
বার্মীজসকলে আৰাকানৰ হাজাৰ হাজাৰ মানুহক হত্যা কৰাৰ লগতে এটা বৃহৎ অংশক আৰাকানৰপৰা
বিতাড়ন কৰি মধ্য বাৰ্মালৈ খেদি পঠিয়ায়। ১৭৯৯ চনত ৩৫ হাজাৰতকৈও অধিক মানুহ
বার্মীজসকলৰ অত্যাচাৰৰপৰা হাত সাৰিবলৈ চট্টগ্রাম অঞ্চললৈ পলাই আহে বুলি ব্ৰিটিচ
ফ্রান্সিচ বুচানন-হ্যামিলটনে উল্লেখ কৰিছে। তেওঁৰ মতে, ব্ৰিটিচসকলে
বার্মা দখল কৰাৰ সময়ত বাৰ্মা মৃত্যুপুৰী আছিল ১৮২৪ খ্ৰীষ্টাব্দত ব্রিটিচসকলে
বার্মা দখল কৰে আৰু
বংগদেশক আৰাকানলৈ বিস্তৃত কৰে। ফলত তেতিয়া বংগ আৰু আৰাকানৰ মাজত কোনো আন্তর্জাতিক
সীমা-ৰেখা নাছিল। এটা অঞ্চলৰপৰা আন এটা অঞ্চললৈ অহা-যোৱা কৰাতো কোনো
বাধা-নিষেধ নাছিল।তেতিয়া ব্রিটিচসকলে কৃষিকৰ্মৰ কাৰণে আৰাকানৰ কম জন বসতি অধ্যুষিত আৰু
উৰ্বৰ এলেকালৈ ওচৰ-পাঁজৰৰ এলেকাৰপৰা বাঙালী সকলক প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰিছিল।
ফলত হাজাৰ হাজাৰ বাঙালী কৰ্মৰ সন্ধানত চট্টগ্রাম অঞ্চলৰপৰা আৰাকানলৈ
আন্তঃপ্ৰব্ৰজন কৰিছিল। ১৮৯১ চনত ব্ৰিটিচসকলে প্রথম লোকপিয়ল অনুষ্ঠিত কৰে। উক্ত
পিয়লত আৰাকানত ৫৮,২৫৫ জন মুছলমান আছিল বুলি তথ্য পোৱা যায়। ১৯১১ চনত এই সংখ্যা ১,৭৮,৬৪৭ জনলৈ বৃদ্ধি
পায়। ১৯২৭ চনলৈ এই সংখ্যা বৃদ্ধি হৈ ৪,৮০,০০০ জন হয়গৈ।
এটা সময়ত ৰেংগুন, আকিয়াব, রেচিন, প্যাথিন আৰু
মৌমেইনৰ দৰে ডাঙৰ চহৰাঞ্চলত ভাৰতীয় প্ৰব্ৰজিত লোক সংখ্যাগৰিষ্ঠ হৈ পৰে। ফলত
ৰোহিঙ্গা মুছলমান আৰু ৰাখাইনৰ বৌদ্ধসকলৰ মাজত সংঘাত সৃষ্টি হয়। ১৯৩৯ চনত এই দুই
সম্প্ৰদায়ৰ শত্ৰুতা নিৰসনৰ কাৰণে ব্ৰিটিচ প্রশাসনে জেমচ ইস্টাৰ আৰু তিন তুতৰ দ্বাৰা এটি
বিশেষ অনুসন্ধান কমিচন গঠন কৰে। উক্ত কমিচনে অনুসন্ধান কৰি সীমান্ত বন্ধৰ পৰামৰ্শ
দিয়ে। ইয়াৰ মাজতে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় আৰু ব্ৰিটিচসকলে আৰাকান ত্যাগ কৰি গুচি
যায়। ফলত সমস্যাটো অমীমাংসিত হৈ থাকে। ব্ৰিটিচসকলে আৰু এটা ভুল কৰিছিল, তেওঁলোকে
ম্যানমাৰৰ ১৩৯ টা জনগোষ্ঠীৰ তালিকা প্রস্তুত কৰিছিল; কিন্তু সেই
তালিকাত ৰোহিঙ্গাসকলৰ নাম সন্নিৱিষ্ট কৰা নাছিল।
১৯৪৮ চনৰ ৪ জানুৱাৰীত
ম্যানমাৰ স্বাধীনতা অর্জন কৰে আৰু বহুদলীয় গণতন্ত্ৰৰ সূচনা হয়। সেই
পাৰ্লিয়ামেণ্টত ৰোহিঙ্গাসকলৰো প্ৰতিনিধি আছিল। কে’বাজনো উচ্চপদস্থ চৰকাৰী
বিষয়াও আছিল। কিন্তু ১৯৬২ চনত জেনেৰেল নে উইনে সামৰিক অভ্যুত্থানৰ জৰিয়তে
ৰাষ্ট্ৰৰ ক্ষমতা দখল কৰে আৰু তেতিয়াৰপৰা ৰোহিঙ্গা মুছলমানৰ দুর্ভোগ
আৰম্ভ হয়। নে উইনে ৰোহিঙ্গা মুছলমানসকলক বিদেশী বুলি চিনাক্ত কৰে। ১৯৮২ চনৰ
নাগৰিকআইন অনুসৰি তেওঁলোকক নাগৰিক অধিকাৰৰপৰা বঞ্চিত কৰা হয়। ভোটাধিকাৰ কাঢ়ি
লোৱা হয়। বাধ্যতামূলক শ্ৰমদান কৰিবলৈ বাধ্য কৰোৱা হয়। শিক্ষা-স্বাস্থ্যৰ
সুযোগৰপৰা বঞ্চিত কৰা হয়। জাতিগত পৰিচয় প্ৰকাশ কৰিবলৈ দিয়া নহয়। চৰকাৰৰ অনুমতি
অবিহনে ভ্ৰমণ কৰাত বাধা-নিষেধ আৰোপ কৰা হয়। মাটিৰ মালিকানা স্বত্ব দিয়া নহয় ।
দুটাৰ অধিক সন্তান জন্ম দিব নোৱাৰে বুলি বিবাহৰ সময়ত এক চুক্তি স্বাক্ষৰ কৰিবলৈ
দিয়া হয়। তেওঁলোকৰ লেখা-পঢ়াৰ সুযোগ নাই। ফলত তেওঁলোকে ইছলামিক শিক্ষাকেই লেখা-পঢ়াৰ
বিষয় হিচাপে গ্ৰহণ কৰিছে।
১৯৭৮ চনত ম্যানমাৰ সেনা
বাহিনীৰ অভিযানৰ ফলত প্ৰায় দুই লাখ ৰোহিঙ্গা বাংলাদেশলৈ পলাই আহিছিল। এই অভিযানত
ব্যাপক নির্যাতন আৰু হত্যা সংঘটিত হৈছিল। ইয়াৰ ফলত বহু লোক বাংলাদেশ, পাকিস্তান, মালয়েছিয়া আৰু
মধ্যপ্রাচ্যৰ বহু দেশলৈ পলাই যাবলৈ বাধ্য হৈছিল। ১৯৯০-৯১ চনত পুনৰ
এক নতুন সংঘৰ্ষৰ সূত্ৰপাত হয়। সেই সংঘৰ্ষৰ ফলত প্ৰায় দুই লাখ ৰোহিঙ্গা মুছলমান
বাংলাদেশলৈ পলাই আহিবলৈ বাধ্য হয়। ২০০৫ চনত জাতিসংঘ শৰণাৰ্থী বিষয়ক হাই কমিচনে
ৰোহিঙ্গাসকলক বাংলাদেশৰপৰা ওভতাই নিয়াৰ বাবে উদ্যোগ গ্রহণ কৰিছিল; কিন্তু ৰোহিঙ্গা শিৱিৰত নানা ধৰণৰ
মানবাধিকাৰ লংঘনৰ অভিযোগত সেই উদ্যোগ কার্যকৰি কৰা সম্ভৱ হোৱা নাছিল। ২০১২ চনৰ জুন
মাহত বার্মীজ চিকিউৰিটি ফোৰ্চে পুনৰ নিৰ্যাতন, হত্যা, ধৰ্ষণৰ তাণ্ডৱ
চলায়। এই সাম্প্রদায়িক সংহিংসতাত শশ ৰোহিঙ্গা নিহত হোৱাৰ লগতে ৮৫ হাজাৰ ৰোহিঙ্গা
বাংলাদেশ লৈ পলাই আহিবলৈ বাধ্য হয়। ইয়াৰে গইনালৈ ২০১৩ চনত ‘দ্যা আৰাকান
ৰোহিঙ্গা ছেলভেচন আর্মি’ চমুকৈ ‘আৰছা'ৰ জন্ম হয়। যোৱা
২৫ আগষ্টত আৰ্ছাই ৩০ টা সেনা শিৱিৰৰত আক্ৰমণ চলায় বুলি জনা যায়। সম্প্রতি ‘আৰ্ছা’ দমনৰ নামত
ম্যানমাৰৰ চৰকাৰী বাহিনীয়ে পাইকাৰী হাৰে ৰোহিঙ্গা মুছলমানৰ ওপৰত
নিৰ্যাতন চলাই আছে। এই ৰক্তপাত বন্ধ কৰাৰ কাৰণে ‘আৰ্ছা’ই আন্তর্জাতিক
সম্প্রদায়, আঞ্চলিক শক্তি আৰু চৰকাৰী বাহিনীৰ ওচৰত আবেদন জনাইছে আৰু ত্ৰাণ সাহায্যকাৰী
সংস্থাক কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে এমাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছে।
কিন্তু ম্যানমাৰ চৰকাৰ সন্ত্ৰাসবাদীৰ এই যুদ্ধ বিৰতি মানি ল’বলৈ অস্বীকাৰ
কৰিছে। এছিয়া টাইমচৰ মাইক চেষ্টাৰৰ আগত দিয়া এক সাক্ষাতকাৰত আৰ্ছাৰ প্ৰধান নেতাৰ মুখপাত্র
আবদুল্লাই কৈছে যে, আৰ্ছা ধর্মভিত্তিক সংগঠন নহয়, জাতিগত অধিকাৰ
ভিত্তিক সংগঠনহে। সিহঁতৰ সশস্ত্র বিদ্রোহ জেহাদ নহয়, বৰং জাতিগত
মুক্তিকামী। ম্যানমাৰত ৰোহিঙ্গাসকলৰ নাগৰিকত্ব আৰু মৌলিক অধিকাৰ নিশ্চিত কৰাই
সিহঁতৰ উদ্দেশ্য। স্মর্তব্য যে,২০১৬ চনৰ ২৪ আগষ্টত নোবেল
বঁটা বিজয়ী আং চান সুচিয়ে ৯ সদস্য বিশিষ্ট আন্তর্জাতিক ৰাখাইন উপদেষ্টা কমিচন
গঠন কৰিছে। কিন্তু সেই উপদেষ্টা কমিচনে এই হত্যা, ধর্ষণ, নির্যাতন বন্ধ
কৰিবলৈ সক্ষম হোৱা নাই। সম্প্রতি তুৰস্ক, মালয়েছিয়া, বাংলাদেশ, ইৰাণ, ইন্দোনেছিয়া এই
গণহত্যাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে। বাংলাদেশ চৰকাৰ ৰোহিঙ্গাসকলৰ পুনর্বাসনৰ
কাৰণে ম্যানমাৰ চৰকাৰৰ লগত কূটনৈতিক সম্পর্ক অব্যাহত ৰাখিছে। মানবিকতাৰ খাতিৰতে জাতি ধর্ম
নির্বিশেষে এই নিৰ্যাতনৰ বিৰুদ্ধে জনমত গঢ়ি তোলা উচিত।
(জনসাধাৰণ- ১৩
চেপ্তেম্বৰ/২০১৭)
সুব্রমণিয়াম
স্বামীৰ মন্তব্যৰ আঁত ধৰি
ব্ৰিটিছৰ বিভেদ নীতিৰ ফলত
বংগ ভংগৰ পাছৰ পৰা প্ৰকৃতাৰ্থত ভাৰতবৰ্ষত সাম্প্রদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল
যদিও ১৯২৩ চনৰ আগলৈকে হিন্দু-মুছলমান উভয় সম্প্রদায়ে নিজকে ভাৰতীয়
হিচাপেই পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। ১৯২৩ চনত ‘হিন্দুত্ব’ নামৰ এখন গ্ৰন্থত
প্রথমে হিন্দু জাতিৰ কথা উল্লেখ কৰা হয় আৰু হিন্দু মহাসভাৰ ১৯৩৮ চনৰ নাগপুৰ অধিৱেশনত
বিনায়ক দামোদৰ সাভাৰকৰে ৰাজনীতিৰ লগত জড়িত হিন্দুসকলক একগোট কৰি
হিন্দুসকলক হিন্দু জাতি হিচাপে ঘোষণা কৰে। এই ঘোষণাৰ প্ৰতিক্ৰিয়া হিচাপে
মুছলমানসকলে ১৯৪০ চনত নিজকে ভাৰতীয় বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে মুছলমান বুলি পৰিচয়
দিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই দ্বি-জাতি তত্ত্বৰ উদ্ভৱ হয় আৰু হিন্দু আৰু মুছলমান
উভয় সম্প্রদায়ে নিজকে ভাৰতীয় বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে হিন্দু আৰু মুছলমান হিচাপে পৰিচয়
দিবলৈ আৰম্ভ কৰে। এই দ্বি-জাতি তত্ত্বৰ ধাৰণাই হিন্দু-মুছলমান উভয় সম্প্রদায়ক
সাম্প্রদায়িক মনোভাৱাপন্ন কৰি তোলে আৰু স্বাধীনতাৰ প্ৰাক্মুহূৰ্তত অৰ্থাৎ ১৯৪৬
চনৰ জুলাই মাহত মুছলিম লীগে পাকিস্থানৰ দাবীত প্রত্যক্ষ সংগ্ৰাম আৰম্ভ কৰে। এই
সংগ্ৰামৰ প্ৰত্যক্ষ কাৰ্যসূচী হিচাপে মুছলিম লীগে ১৬ আগষ্টত দেশব্যাপী চৰকাৰী ছুটী
ঘোষণা কৰে। ফলত পৰিস্থিতি সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে ঢাল খায়। প্রথমে কলিকতাত সংঘৰ্ষৰ
সূত্ৰাপত হয় এক চতুর্থাংশ মুছলিম অধ্যুষিত এলেকাত মুছলমান সকলেই অধিক ক্ষতিৰ
সন্মুখীন হয়। এই সংঘৰ্ষত ৪৮ ঘণ্টাৰ ভিতৰত ৫০০ জন লোক নিহত হয়। সংঘর্ষ
ক্রমান্বয়ে পূৰ্ববংগৰ নোয়াখালিসহ ভাৰতৰ বিভিন্ন ঠাইলৈ বিয়পি
পৰে। এই সংঘৰ্ষৰ ফলত পায় ৫০,০০০ জন লোক হতাহত হৈছিল বুলি তেতিয়াৰ সংবাদ
মাধ্যমত প্ৰকাশ পাইছিল।
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ
আকাশত অতি প্রত্যাশিত স্বাধীনতা সূর্য উদয় হয় আৰু দেশব্যাপী বিজয় উৎসৱ আৰম্ভ
হয়। প্ৰখৰ ৰ'দৰ উত্তাপকো নেওচি জাতীয়
পতাকা উত্তোলনৰ কাৰণে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহে। (জন সমাগম ইমানেই বেছি
হৈছিল যে ভিৰৰ চাপত লর্ড মাউণ্টবেটেনে গাড়ীৰ পৰা নামিব নোৱাৰি গাড়ীত বহিয়ে ভাষণ দিবলৈ
বাধ্য হৈছিল।) কিন্তু এই বিজয় উৎসৱ মাথোন দুদিনহে স্থায়ী হৈছিল।
স্বাধীনতাৰ দুদিন পাছতেই সমগ্র দেশব্যাপী সাম্প্রদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়।
পূর্ব পঞ্জাৱত শিখ আৰু হিন্দুসকলে মুছলমানৰ ওপৰত আক্ৰমণ চলায়। গাঁৱৰ
পিছত গাঁৱত অগ্নি সংযোগ কৰা হয়। নিৰপৰাধ নাৰী-পুৰুষ, বৃদ্ধ-যুৱাক
হত্যা কৰা হয়। প্রতিক্রিয়া হিচাপে পশ্চিম পঞ্জাৱতো মুছলমানসকলে একেই হত্যা আৰু
অগ্নি সংযোগৰ তাণ্ডৱ চলায়। ফলত পশ্চিম পঞ্জাৱৰ পৰা ভাৰতবৰ্ষলৈ অগণন শৰণাৰ্থীৰ
সোঁত ব’বলৈ ধৰে। পশ্চিম পঞ্জাৱৰ পৰা অহা শৰণাৰ্থীসকলৰ ব্যথা-বেদনাৰ কাহিনীয়ে এটা
সময়ত দিল্লীৰ আৱহাওয়া উত্তপ্ত কৰি তোলে আৰু উত্তেজিত জনতাই সংঘৱদ্ধভাবে মুছলমানৰ ওপৰত আক্রমণ চলায়।
খাচ দিল্লী চহৰৰ কথা বাদ দিলেও দিল্লীৰ উপকণ্ঠ অঞ্চল কুৰুল বাগ, লোধী কল’নি, সবুজ মণ্ডি আৰু
সদৰ বজাৰ এলেকাত ধন আৰু প্ৰাণৰ নিৰাপত্তা বুলিবলৈ একো নাছিল। সর্বত্র হত্যা, ধর্ষণ, লুটতৰাজৰ তাণ্ডৱ
চলিছিল। অগণন নৰ-নাৰীক বলপূৰ্বকভাবে ঘৰৰ পৰা উলিয়াই আনি হত্যা কৰা
হৈছিল । বল প্রয়োগভাবে সিদ্ধ কৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিতও কৰা হৈছিল বহু
মুছলমানক। অপহৃতা হৈছিল অলেখ জীয়ৰী-বোৱাৰী। দেশত শান্তি
প্রতিষ্ঠা হোৱাৰ পাছত ভাৰতৰ পৰা ১৮,০০০ আৰু পাকিস্থানৰ পৰা
১৭,০০০
জীয়ৰী-বোৱাৰী উদ্ধাৰ কৰা হৈছিল বুলি জনা যায়।
অসমতো সেই সাম্প্রদায়িক
সংঘৰ্ষৰ প্ৰভাৱ পৰিছিল। দেশ স্বাধীন হোৱাৰ পাছত ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত হোৱা
সংঘৰ্ষৰ দ্বাৰা অনুপ্রাণিত হৈ অসম জাতীয় মহাসভাৰ সদস্যসকলে ১৯৫০ চনৰ
প্ৰথমভাগত নগাঁওকে আদি কৰি কে’বাখনো জিলাত বহু মুছলমানৰ ঘৰ-দুৱাৰ জ্বলাই
উচ্ছেদ কৰিছিল। ফলত কে’বা লাখ মুছলমান
প্রায় এবছৰ কাল নিজ গৃহভূমি এৰি পূৰ্ব পাকিস্থানৰ আশ্রয় শিৱিৰত আশ্রয় ল’ব লগা হৈছিল।
আশ্রয় শিৱিত উপযুক্ত খাদ্য, থকা-মেলাৰ সা-সুবিধা আৰু সুচিকিৎসাৰ অভাৱত বহু
লোক মৃত্যুমুখত পৰিছিল। বহু শিক্ষানুষ্ঠান বন্ধ হৈ গৈছিল। ফলত বহুতো
ছাত্র- ছাত্ৰীৰ শিক্ষা
জীৱন চিৰদিনৰ কাৰণে সমাপ্ত হৈ গৈছিল। অৱশেষত নেহৰ-লিয়াকত চুক্তিৰ জৰিয়তে
পাকিস্থানলৈ গুচি যোৱা মুছলমানসকলক ভাৰত চৰকাৰে অসমলৈ ঘূৰাই আনি পুনৰ সংস্থাপনৰ
ব্যৱস্থা কৰিছিল।
দেশ স্বাধীন হোৱাৰ পাছত
১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ সমগ্ৰ ভাৰতৰ লগতে অসমতো গণতান্ত্রিকভাবে প্রথম
ক্ষমতা লৈ আহে আৰু ১৯৭৭ চনলৈকে একচ্ছত্রীভাবে ক্ষমতাসীন হৈ থাকে। এই সুদীর্ঘ সময়ছোৱাত ভাৰতত
তেনে কোনো সাম্প্রদায়িক সংঘর্ষ সংঘটিত হোৱা নাছিল। কাৰণ তেতিয়া
কংগ্ৰেছৰ বিকল্প কোনো শক্তিশালী ৰাজনৈতিক দল নথকাৰ কাৰণে সাম্প্ৰদায়িক শক্তিবোৰে
গা কৰি উঠাৰ কোনো সুযোগ পোৱা নাছিল। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাজিত কৰি
জনতা দলে মোৰাৰ্জী দেশাইৰ নেতৃত্বত ২৩ জানুৱাৰীত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছত সমগ্ৰ দেশব্যাপী
ৰাজনৈতিক পৰিৱৰ্তনৰ জোৱাৰ উঠে। এই পৰিৱৰ্তনৰ জোৱাৰে অসমকো ঢোৱাই যায় আৰু কেন্দ্ৰত
জনতা দলৰ চৰকাৰ গঠন হোৱাৰ অব্যৱহতি কাল পাছত ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ
বৰবৰাৰ নেতৃত্বত জনতা দলে অসমত চৰকাৰ গঠন কৰে। এই ৰাজনৈতিক পৰিৱৰ্তনৰ পাছতে সাম্প্ৰদায়িক
শক্তিবোৰ গা কৰি উঠিছে আৰু বিগত দহকবোৰত ভাৰতবৰ্ষত কে’বাটাও
সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈ গৈছে।
ভাৰতৰ অন্যান্য ৰাজ্যৰ
সমান্তৰালভাবে অসমতো কে’বাটাও সাম্প্রদায়িক সংঘর্ষ সংঘটিত হৈ গৈছে
যদিও তাক প্রত্যক্ষ সাম্প্রদায়িক সংঘর্ষ বুলি ক'ব নোৱাৰি– প্রচ্ছন্ন
সাম্প্রদায়িক সংঘর্ষ বুলিহে অভিহিত কৰিব পাৰি। কাৰণ কাৰণ ভাৰতৰ অন্যান্য ৰাজ্যৰ
তুলনাত এই সংঘৰ্ষৰ গতি-প্রকৃতি কিছু হ'লেও ভিন্ন।
অসমখন সামাজিক আৰু
ৰাজনৈতিকভাবে আঠোটা জাতি সমূহৰে গঠিত। (১) অসমীয়া হিন্দু (২) থলুৱা (থলুৱা
মুছলমানসকল একমাত্ৰ ধৰ্মৰ বাহিৰে ভাষা, আচাৰ-আচৰণ, পৰম্পৰাত প্রায়
হিন্দু দৰে একেই।) আৰু বংগীয় মূলৰ মুছলমান (৩) বাঙালী হিন্দু (৪) চাহ মজদুৰ (৫)
প্রবাসী হিন্দীভাষী লোক (৬) আহোম (৭) বড়ো কছাৰী আৰু (৮) অন্যান্য জাতি-উপজাতি।
অসমীয়া হিন্দুৰ মাজত কিছু উচ্চবৰ্ণৰ হিন্দুও আছে। (অৱশ্যে অসমৰ উচ্চবর্ণ
হিন্দুৰ চৰিত্ৰ ভাৰতৰ অন্যান্য প্ৰদেশৰ উচ্চবৰ্ণ হিন্দুৰ দৰে একে নহয়। কাৰণ অসমত
মাথোন ব্রাহ্মণ, কায়স্থ, কলিতাই উচ্চ জাতিৰ অন্তর্ভূক্ত নহয়, কিছু অনুসূচিত
জাতিও ইয়াৰ অন্তৰ্ভূক্ত হৈ আছে।) অসমৰ উচ্চবর্ণ হিন্দুসকলে ব্ৰহ্মপুত্ৰ উপত্যকাক
নিজৰ কৰ্মস্থলী আৰু অসমীয়া ভাষাক জাতীয় জীৱনৰ আধাৰ হিচাপে বিবেচনা কৰে।
ধৰ্মতকৈ তেওঁলোকে ভাষাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ে । সেয়ে হিন্দু-মুছলমান উভয়
সম্প্রদায়ে অসমখনক শংকৰ-আজানৰ দেশ বুলি কৈ গৌৰৱ অনুভৱ কৰে। উচ্চবর্ণ হিন্দুসকলে তিনিটা
অলিখিত চৰ্তৰ বিনিময়ত বংগীয় মূলৰ মুছলমান, চাহ মজদুৰ আৰু
অন্যান্য জাতি-উপজাতিৰ লগত সম্বন্ধ ৰক্ষা কৰি চলে বুলি ক’ব পাৰি। (১)
অসমীয়া ভাষাক মাতৃভাষা হিচাপে স্বীকৃতি দিব লাগিব। (২) উচ্চবৰ্ম হিন্দুৰ
ভূ-স্বামীত্ব মানি চলিব লাগিব। (৩) নিৰ্বাচনৰ সময়ত তেওঁলোকক(উচ্চবর্ণ হিন্দুক)
ভোট প্রদান কৰিব লাগিব।
এই অলিখিত চর্ত সাপেক্ষে
বাংলাভাষী মুছলমান আৰু চাহ মজদুৰসকলে উচ্চবর্ণ হিন্দুৰ সপক্ষে ১৯৭৭ চনলৈকে ভোট
প্ৰদানৰ লগতে ভাষা আৰু মাধ্যম আন্দোলনৰ সময়ত সহযোগিতা কৰিছিল। ফলত
১৯৭৭ চনলৈকে অসমীয়া হিন্দুৰ লগত বংগীয় মূলৰ মুছলমান আৰু চাহ মজদুৰৰ লগত কোনো ধৰণৰ সংঘাত
সৃষ্টি হোৱা নাছিল। কংগ্ৰেছৰ শাসন কালত উচ্চবৰ্ণ হিন্দু, বংগীয় মূলৰ
মুছলমান, বাঙালী হিন্দু, ভৈয়ামৰ আদিবাসী আৰু অন্যান্য জাতি-গোষ্ঠীৰ
মাজত যি ভাৰসাম্য আছিল, ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰ আৰু ১৯৭৮ চনত অসমত
জনতা দলৰ চৰকাৰ গঠন হোৱাৰ পাছত সেই ভাৰসাম্য কিছু পৰিমাণে হ'লেও অসন্তুলিত
হয়। এই সুযোগতে মুছলমান আৰু চাহ মজদুৰসকল ৰাজনৈতিকভাবে সক্ৰিয় হৈ উঠে। কাৰণ এই
দুই সম্প্রদায়
ইতিমধ্যে শৈক্ষিক আৰু ৰাজনৈতিকভাবে কিছু স্বাৱলম্বী হৈ উঠিছিল। বিশেষকৈ মুছলমানৰ
উত্থানক ভৱিষ্যতৰ অশনি সংকেত বুলি ভাবি উচ্চবৰ্ণৰ অসমীয়া হিন্দুসকল মুছলমান বিদ্বেষী
হৈ উঠে আৰু মংগলদৈ সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ সময়ত এই বিদ্বেষৰ বহিঃপ্রকাশ ঘটে।
বহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ খৰ্ব হ’ব বুলি অসমীয়া
হিন্দুৰ মনত ভয়ৰ ভাব জগাই তুলি বিদেশী নাগৰিকৰ সমস্যা লৈ অসমীয়া
মধ্যবিত্ত সমাজৰ সমৰ্থনত ছাত্ৰসংস্থা আৰু গণ সংসগ্ৰাম পৰিষদৰ নেতৃত্বত ছবছৰীয়া
বিদেশী খেদা আন্দোলনৰ সূচনা কৰা হয়। অৱশেষত ৮৫৫ গৰাকী ছহিদৰ
তেজৰ বিনিময়ত ঐতিহাসিক অসম চুক্তিৰ মাধ্যমত উক্ত আন্দোলনৰ পৰিসমাপ্তি ঘটে। কিন্তু
অতিকৈ পৰিতাপৰ কথা যে, অসমৰ প্ৰতিটো জাতি-গোষ্ঠীৰ পূৰ্ণ সমর্থন থকা
সত্ত্বেও '৮৩ ৰ আন্দোলনৰ আবেগক মূলধন কৰি ক্ষমতা দখল কৰা অসম গণ পৰিষদ দলৰ চৰকাৰে হওঁক, কংগ্ৰেছ চৰকাৰে
হওঁক নাইবা ভাৰতীয় জনতা দলৰ চৰকাৰে হওঁক, কোনো এখন চৰকাৰেই অসম
চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ফলপ্রসূ ভূমিকা গ্রহণ নকৰিলে। ফলত
চুক্তি সম্পাদন হোৱাৰ ২৯ বছৰ পাছতো চুক্তিৰ মূল দফাসমূহ ৰূপায়নৰ নামত আন্দোলন
চলাই থাকিব লগা হৈছে আৰু ইয়াৰে গইনা লৈ বিদেশী সমস্যা সমাধানৰ নামত বিভিন্ন
ৰাজনৈতিক দলে ভোট বেংকৰ ৰাজনীতি চলাই থকাৰ লগতে সাম্প্রদায়িক শক্তিবোৰে
শংকৰ-আজানৰ দেশত সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ কাৰণে অহৰহ চেষ্টা অব্যাহত ৰাখিছে।
সিদিনা বিজেপি নেতা সুব্রমণিয়াম স্বামীয়ে অসমৰ ইতিহাস আৰু আবেগ-অনুভূতিক
ভেঙুচালি কৰি মুছলমান সম্পৰ্কে কৰা সাম্প্রদায়িক মন্তব্যৰ আঁৰতো ভোটবেংকৰ ৰাজনীতি
প্ৰকট হৈ আছে।
কিন্তু সুব্রমণিয়াম
স্বামীয়ে পাহৰি গ'ল যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ভাৰত
ৰাষ্ট্ৰৰ ভেটি সমতা, ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰ আদৰ্শৰ ওপৰত প্রতিষ্ঠিত।
সংবিধানত স্পষ্টভাবে উল্লেখ আছে, ভাৰতে কেতিয়াও ধৰ্মৰ আধাৰত কোনো নাগৰিকৰ লগত
ভেদা-ভেদ কৰিব নোৱৰিব। চৰকাৰী সুবিধাৰ ক্ষেত্ৰত ধৰ্মৰ আধাৰত কাকো অযোগ্য বুলি
বিবেচনা কৰিব নোৱাৰিব। সকলোৱে স্বাধীনভাবে ধর্মাচৰণ আৰু বাধাহীনভাবে ধৰ্ম প্ৰচাৰ
আৰু প্ৰসাৰ কৰিব
পাৰিব। সকলো ধৰ্মীয় সম্প্রদায়ে নিজৰ নিজৰ ধৰ্মীয় শিক্ষাৰ কাৰণে অনুষ্ঠান স্থাপন
কৰিব পাৰিব। কোনো ধৰ্মাৱলম্বী লোকক বেলেগ ধৰ্মৰ প্ৰতি ঘৃণা, নিন্দা অথবা
শত্রুতাপূর্ণ মনোভাৱ পোষণ কৰাৰ স্বাধীনতা প্ৰদান কৰা নহ'ব আৰু ধৰ্মীয়
স্বতন্ত্রতাই সার্বজনীন শান্তি, নৈতিকতাৰ সীমা লংঘনকৰিব নোৱাৰিব।
অসমৰ মুছলমানসকল হিন্দু
ধর্ম লৈ ধর্মান্তৰিত হ'লে অসমত থাকিব পাৰিব বুলি সুব্রমণিয়াম
স্বামীয়ে যি মন্তব্য কৰিলে সেয়া অতিকৈ দুর্ভাগ্যজনক। তেওঁ জনা উচিত যে, ভাৰতবৰ্ষৰ ৮৫
শতাংশ মুছলমান ধর্মান্তৰিত মুছলমান। তেওঁলোকৰ পূৰ্বপুৰুষসকল এটা সময়ত বৌদ্ধ, হিন্দু অথবা
আদিবাসী ধর্ম পালন কৰিছিল। (সেয়ে ভাৰতীয় জাতি-গোষ্ঠীক ধৰ্মৰ ভিত্তিত বিভাজন কৰাৰ পৰিৱৰ্তে
নৃতাত্ত্বিক দৃষ্টিতহে বিভাজন কৰা উচিত।) ইয়াৰে অধিক সংখ্যকে হিন্দু
ব্রাহ্মণসকলৰ দৌৰাত্মত অতিষ্ঠ হৈ আৰু কিছু সংখ্যক উচ্চবৰ্ণৰ হিন্দুই ৰাজ অনুগ্রহ
লাভৰ আশাত ইছলাম ধৰ্ম লৈ ধৰ্মান্তৰিত হৈছিল। সেয়ে জন্মসূত্রে
এওঁলোক ভাৰতবৰ্ষৰ নাগৰিৰক। ধর্ম পৰিৱৰ্তন কৰিলেই দেশ এৰিব লাগিব এনে কোনো ধাৰা
ভাৰতীয় সংবিধানৰ ক’তো নাই। যদি আছে সেয়া স্পষ্ট
কৰা উচিত। হিন্দু ধৰ্মলৈ ধর্মান্তৰিত হ’লৈ বাংলাদেশৰ মুছলমানকো
ভাৰতত থাকিবলৈ দিয়া হ’ব এই মন্তব্যৰ জৰিয়তে ভাৰতবৰ্ষৰ্থন তেওঁৰ পৈতৃক
সম্পত্তি বুলি প্ৰতিপন্ন কৰিব খুজিছে নেকি? তদুপৰি এই বিশ্বায়নৰ
যুগতো হিন্দু ধর্মাচৰণ কৰা তথাকথিত অস্পৃশ্যসকলৰ ওপৰত এইখন ভাৰতবৰ্ষতে
মাজে-সময়ে বহু অত্যাচাৰৰ ঘটনা সংঘটিত হৈ আছে। তেওঁ ভাৰতীয় হিন্দুকে নিৰাপত্তা
দিব পৰা নাই, এনেস্থলত বাংলাদেশৰ মুছলমানসকল হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ভাৰত লৈ প্ৰব্ৰজন
কৰিলে সিহঁতৰ নিৰাপত্তা কেনেকৈ নিশ্চিত কৰিব?
তেওঁ আৰু অভিযোগ কৰিলে যে, মুছলমানসকলক
কেতিয়াও সংখ্যাগুৰু হ’বলৈ দিয়া নহ’ব। তেওঁৰ এই
মন্তব্যৰ যে কিমান অসাৰ আৰু ভিত্তিহীন সেয়া ভাৰতৰ লোকপিয়লসমূহলৈ দৃষ্টিপাত কৰিলেই
জল্জল্-পট্পটকৈ ওলাই পৰে। ১৯৬১ চনৰ পৰা ১৯৭১ চনলৈ সৰ্বভাৰতীয় পৰ্যায়ত জনসংখ্যা
বৃদ্ধিৰ হাৰ আছিল এনে
ধৰণৰ- হিন্দু- ২৩.৬৯, মুছলমান- ৩০.৮৪, খ্ৰীষ্টান-৩২.৫৮
আৰু শিখ- ৩২.২৮ শতাংশ। অসমত এই জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল- হিন্দু-
৩৭.১৫, মুছলমান- ৩০.৯৯, খ্রীষ্টান- ৪৪.৮০ আৰু শিখ- ৪২.৮৯ শতাংশ।
লোক পিয়লৰ তথ্য অনুসৰি
১৯৫১ চনৰ পৰা ২০১১ চনলৈ অসমৰ মুছলমান জনসংখ্যাৰ শতকৰা হাৰ আছিল তলত দিয়া ধৰণে-
চন শতকৰা হিচাপত জনসংখ্যা
১৯৫১- ২৯.৬০
১৯৬১- ২৫.৩০
১৯৭১- ২৪.৫৬
১৯৯১- ২৮.৪২
২০০১- ৩০.৯
২০১১- ৩৪.১
এই তথ্যৰ পৰা মুছলমান
জনসংখ্যা বৃদ্ধিৰ হাৰত কোনো ধৰণৰ অস্বাভাৱিকতা দৃষ্টিগোচৰ নহয় । সীতাৰাম
ইয়েচুৰিয়ে তেওঁৰ ‘দাংগাৰ ইতিহাস’ নামৰ গ্ৰন্থত মুছলমান
জনসংখ্যাৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে– ১৯৬১ চনৰপৰা ১৯৮১ চনৰ
লোকপিয়লৰ লগত তুলনা কৰিলে দেখা যায় যে, দেশৰ মুঠ জনসংখ্যাৰ তুলনাত
মুছলমানৰ সংখ্যা বিগত বিশ বছৰত ১০.৭ শতাংশৰ পৰা ১১.৪ শতাংশ লৈ বৃদ্ধি পাইছে।
অর্থাৎ মুছলমান বৃদ্ধিৰ হাৰ শতকৰা হিচাপত মাথোন ০.৭ শতাংশ। এই হাৰে মুছলমান
জনসংখ্যা বৃদ্ধি হৈ থাকিলে হিন্দুসকলক চেৰ পেলাই যাবলৈ হাজাৰ বছৰতকৈও অধিক সময় লাগিব ৷ তৰ্কৰ খাতিৰত
যদি মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিক বুলি ধৰিও লোৱা হয়, তেনেহ'লে তাৰ বাবে
চৰকাৰ তথা মুছলিম নেতাসকলকে দায়ী কৰিব লাগিব। কাৰণ চৰকাৰ তথা মুছলিম
নেতাসকলে মুছলমানৰ শিক্ষাৰ কাৰণে বিশেষ উদ্যোগ নোলোৱাৰ ফলতে মুছলমানসকল শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ
হৈ আছে আৰু এই অনগ্ৰসৰতাৰ ফলতে মুছলমান সমাজত এতিয়াও বাল্য বিবাহ অনুষ্ঠিত হৈ
আছে। এই বাল্য বিবাহে মুছলমান জনসংখ্যা বৃদ্ধিত ইন্ধন যোগোৱাৰ লগতে মুছলিম
সমাজক পশ্চাপদ কৰি ৰাখিছে।
বৰ্তমান হাৰে মুছলিম
জনসংখ্যা বৃদ্ধি হৈ থাকিলে মুছলমানসকলে এদিন চৰকাৰ গঠন কৰিব বুলি বহু সময়ত
মন্তব্য কৰা দেখা যায়। বাস্তৱ চিত্ৰই কিন্তু এই কথা কেতিয়াও প্রতিফলিত নকৰে। কাৰণ
১৯৩৭-৪৬ আৰু ১৯৪৬-৫২ বৰ্ষলৈ অসমৰ ১২৬ জনীয়া বিধান সভা সমষ্টিত মুছলমান বিধায়কৰ সংখ্যা আছিল ৩৪
গৰাকী। এই সংখ্যা ২০১১ চনত ২৯ গৰাকীলৈ অৱনমিত হৈছে। ১৯৪৭-৫২ বৰ্ষৰ ৪ গৰাকী সাংসদৰ ঠাইত
সম্প্ৰতি ২ গৰাকী সাংসদলৈ অৱনমিত হৈছে। এই মনেসজা মন্তব্য যে মাথোন ভোটবেংকৰ স্বাৰ্থত হিন্দুৰ
মনত ভয় সঞ্চাৰ কৰি হিন্দু সম্প্ৰদায়ক মেৰুকৰণ কৰিবলৈ কৰা হয় তাত সন্দেহৰ
অৱকাশ নাই।
মুছলমানসকল য’ত সংখ্যা গৰিষ্ঠ
ত’তেই অৰাজকতা বুলি
কৰা মন্তব্যৰো কোনো ভিত্তি নাই। অৱশ্যে ইছলামিক ৰাষ্ট্ৰৰ দুই এখনৰ ক্ষেত্ৰত ইয়াৰ
কিছু সত্যতা থাকিলেও
ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ কোনো সত্যতা নাই। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত
পশ্চিমবংগ আৰু অসমত মুছলমান জনসংখ্যা অধিক। এই দুখন ৰাজ্যত স্বাধীনতাৰ পাছত মুছলমানে
অৰাজকতা সৃষ্টি কৰাৰ কোনো তথ্য নাই। বিশেষ দুই-এটা ক্ষেত্ৰত নিজৰ সুৰক্ষাৰ বাবে
কিছু সমস্যা সৃষ্টি
কৰিছে যদিও সেয়া অজ্ঞতা আৰু সাংগঠনিক দুৰ্বলতাৰ কাৰণে কৰিছে বুলি ক’ব পাৰি।
অসম চুক্তি সম্পর্কে
সুব্রমণিয়াম স্বামীয়ে কৰা মন্তব্যৰো কোনো ভিত্তি নাই। কাৰণ অসম চুক্তিৰ প্ৰতি
অসমৰ প্ৰতিটো জাতি-গোষ্ঠীৰে পূৰ্ণ সমৰ্থন আছে আৰু অসম চুক্তিৰ আধাৰতে অসমৰ সমস্যাসমূহ
সমাধানৰ পোষকতা কৰে। সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ আগতে অসমখন বিদেশী মুক্ত কৰাৰ কাৰণে যিমান
সোনকালে সম্ভৱ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাটো খুবেই জৰুৰী হৈ পৰিছে। কাৰণ এই বিদেশীৰ
ইছ্যু লৈ শংকৰ-আজানৰ দেশত ইতিমধ্যেই সাম্প্রদায়িক ৰাজনীতিয়ে পুলি-পোখা
মেলিবলৈ আৰম্ভ কৰিছে। সাম্প্ৰদায়িক ৰাজনীতিয়ে গণতন্ত্ৰৰ ভেটিত
প্রতিষ্ঠিত দেশ এখনৰ কেতিয়াও মংগল সাধন কৰিব নোৱাৰে। সেয়ে সম্প্ৰদায়ৰ
ভিত্তিত ভোটবেংকৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে আটায়ে অসমৰ সামগ্রিক উন্নতি তথা প্ৰতিটো
জাতি- গোষ্ঠীৰ
ভাষা-সংস্কৃতিৰ সুৰক্ষা, সমবিকাশ আৰু মৌলিক প্রয়োজনসমূহ পূৰণৰ কাৰণে
তৎপৰ হোৱা উচিত। এয়াই সম্প্ৰতি সময়ৰ আহ্বান।
(জনসাধাৰণ- ২
ডিচেম্বৰ/২০১৪)
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন