হেগেল আৰু মাৰ্ক্সৰ দৰ্শন

 

                                                                         

 


হেগেল আৰু মাৰ্ক্সৰ দৰ্শন

                  নিবেদন

বৰ্তমান গ্ৰন্থৰ প্ৰথম প্ৰৱন্ধটো লেখা হৈছে প্ৰসিদ্ধ গ্ৰন্থ Capital -ত সন্নিৱিষ্ট মার্কস এঙ্গেলচ্‌ মুখবন্ধবোৰৰ অৱলম্বনত। দ্বিতীয় প্ৰৱন্ধটো হেগেলৰ Philosophy of History-ৰ সুবৃহৎ ভূমিকা অৱলম্বন কৰি লেখা হৈছে। তৃতীয় ও চতুর্থ প্ৰৱন্ধৰ মাল-মচলা সংগৃহীত হৈছে প্লেখানভৰ Essays on the History of Materialism Marxism ৰ অধ্যায় আৰু Capital-ৰ প্ৰথম ভাগৰ পঞ্চম পৰিচ্ছদৰ পৰা। মার্কসবাদ যিসকলে প্রতিষ্ঠা কৰিছে আৰু মার্কসবাদ সম্বন্ধে যিসকল বিশেষজ্ঞ তেওঁলোকৰ লেখাৰ সাৰাংশ পাঠকসকলৰ সন্মুখত উপস্থিত কৰাটো সমীচীন বুলি ভাবিলো । হেগেলৰ দৰ্শন সাধাৰণতঃ আমাৰ ওচৰত দুর্বোধ্য; কিন্তু চমৎকাৰ গ্ৰন্থ Philosophy of History-ত হেগেলে তেওঁৰ দাৰ্শনিক তত্ত্বক সহজে ফুটাই তুলিছে। বাংলাৰ জগৎবুদ্ধি তৰুণ মন যে লাহে লাহে হেগেলৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হব সেয়া নিঃসন্দেহ। প্ৰৱন্ধবোৰ লেখা হৈছে বহুবিধ অসুবিধাৰ মাজত। সেয়েহে ভুল-ত্রুটি অসম্পূর্ণতা যথেষ্ট ৰৈ আছে।             

                                             -লেখক

                                        ৰেৱতী মোহন বৰ্মন

৯ চেপ্তেম্বৰ, ১৯৩৮                           ভাৱানুবাদ- আবুল হুছেইন

                     

           সূচীপত্র

(১) মার্কসৰ বিচাৰ নীতি/০১

(২) হেগেল আৰু বিশ্ব ইতিহাস/০৩

(৩) ভাববাদী দর্শন ও ডায়ালেকটিক/০৫

(৪) মার্কসৰ সমাজ-তত্ত্ব/০৮

বিঃ দ্রঃ-প্ৰৱন্ধসমূহ জনসাধাৰণ কাকতত প্ৰকাশিত।

 

     হেগেল আৰু মাৰ্ক্সৰ বিচাৰ নীতি

মাৰ্ক্স-তত্ত্বৰ সাধাৰণ আৰু সৰ্বাংগীন পৰিচয় আমি প্রসিদ্ধ কেপিটেল গ্ৰন্থত সন্নিৱিষ্ট মার্কস আৰু এঙ্গেলচ্‌ মুখবন্ধবোৰৰ পৰা লাভ কৰিব পাৰো। এবিধ পণ্য কি কাৰণত বেলেগ এবিধ পণ্যৰ লগত বিনিময় হয় অথবা এক বিশেষ পৰিমাণৰ মুদ্ৰাত বজাৰত বিক্ৰী হয়, . প্রতিদিনৰ এই ঘটনাবোৰৰ অন্তৰালত যি ৰহস্য লুকাই আছে সেয়া মার্কসৰ আগত দুই হাজাৰ বছৰতো কাৰো দ্বাৰা উদ্ঘাটন কৰা সম্ভৱ হোৱা নাছিল। এৰিষ্টল ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিছিল; কিন্তু সফল হ'বপৰা নাছিল। এডাম স্মিথ আৰু ৰিকার্ডো বহুদূৰ আগবাঢ়িও শেষ মুহূৰ্তত সফল হ'বপৰা নাছিল । এই দুহেজাৰ বছৰত বহু ধৰণৰ বৈজ্ঞানিক গৱেষণা আৰু আৱিষ্কাৰ সম্ভৱ হৈছে; কিন্তু পণ্যৰ মূল্যৰূপৰ (Value form) দৰে প্ৰতিদিনৰ এটি ক্ষুদ্র প্রত্যক্ষ বিষয় সম্বন্ধে সত্য উদ্‌ঘাটন কৰা মার্কসৰ আগত সম্ভৱ হোৱা নাছিল। ইয়াৰ কাৰণ কি? কাৰণ সমগ্র মানব দেহৰ বিচাৰ ও বিশ্লেষণ কৰা যিমান সহজ তাৰ মূল্যভিত্তি জীৱকোষ সম্পৰ্কে ধাৰণা কৰা সিমান সহজ নহয় ।

অর্থনৈতিক ভিত্তি সম্পৰ্কে বিচাৰ কৰা আৰু কঠিন। ইয়াৰ বাবে যেনেকৈ কোনো বিজ্ঞানাগাৰ নাই, তেনেকৈ পৰ্যবেক্ষণ আৰু পৰীক্ষণৰ কাৰণেও কোনো অণুবীক্ষণ যন্ত্ৰ অথবা ৰাসায়নিক পৰীক্ষা প্ৰক্ৰিয়া নাই। সামাজিক বিষয়াদি পর্যবেক্ষণ আৰু পৰীক্ষণৰ বাবে যি ধৰণৰ উপায় আৰু চিন্তন প্ৰণালী অৱলম্বন কৰা হয় সেয়া হ'ল বিয়োজনৰীতি (Abstraction)মানুহৰ শ্ৰমজাত দ্ৰব্যৰ পণ্যৰূপ (Commodity form) অথবা পণ্যৰ মূল্যৰূপেই হ'ল বুর্জোয়া সমাজৰ অৰ্থনৈতিক জীৱকোষ। ইয়াক ভিত্তি আৰু মূল হিচাপে লৈ বুর্জোয়া অর্থনৈতিক সমাজ কাঠামোক পৰিষ্কাৰ বাবে উপলব্ধি কৰিবপৰা যাব ।

মাৰ্ক্সৰ বিচাৰৰ বিষয় হ, পুঁজিতন্ত্ৰী সমাজৰ অন্তৰ্ভূক্ত উৎপাদন-প্ৰথা আৰু বিনিময় ব্যৱস্থা। মাৰ্ক্সৰ সময়ত ইংল্যাণ্ডত আদর্শ পূঁজিবাদী সমাজ ব্যৱস্থা প্ৰচলিত আছিল। এয়াই একমাত্ৰ কাৰণ, যাৰ বাবে মার্কস তেওঁৰ বৈজ্ঞানিক মতবাদ প্ৰতিষ্ঠাৰ কাৰণে ইংল্যাণ্ডক নিদৰ্শন হিচাপে গ্ৰহণ কৰিছিল। পুঁজিবাদী উৎপাদনৰ প্ৰভাৱত বিশেষ এটি সমাজ কিদৰে শ্ৰেণী-সংঘৰ্ষৰ ফালে অগ্ৰসৰ হৈছে, সেয়া বিশদভাবে চোৱাৰ বিষয় নহয় । চাব লাগিব, সেই বিশিষ্ট উৎপাদন প্ৰথাৰ পশ্চাতত যি মূলভূত সত্য আৰু সূত্ৰ ৰৈ আছে সেয়া কিদৰে অৱশ্যম্ভাৱীৰূপে তাৰ নিজৰ গঠন আৰু ভাঙোনৰ কাম কৰি গৈছে। যিবোৰ দেশ আধুনিক শিল্পৰ ফালৰপৰা অধিক অগ্ৰসৰ তাৰ প্ৰভাৱ কম অগ্ৰসৰ দেশবোৰৰ ওপৰত বিস্তৃত হবই। প্রথমোক্ত দেশত আজি যি সম্ভৱ হৈছে অনুন্নত দেশবোৰত সেয়া পৰৱৰ্ত্তী সময়ত সংঘটিত নোহোৱাকৈ থাকিব নোৱাৰে ।

এইমাত্ৰ যিবোৰ দেশত শিল্পোন্নতি আৰম্ভ হৈছে তেনেকুৱা দেশৰ ওপৰত দুই ফালৰপৰা পীড়ন হয়। নবোত্থিত পূঁজিবাদৰ অত্যাচাৰতো তাত উপস্থিত থাকিবই, মৰণোন্মুখ সামন্ততন্ত্রও তাত মৰণ কামোৰ নিদিয়াকৈ নাথাকে। অর্থাৎ অনুন্নত পুঁজিতন্ত্ৰৰ অপৰিণত বিকাশৰপৰা উদ্ভূত অত্যাচাৰ উপস্থিত থকাৰ লগতে পুৰণি উৎপাদন বিধিৰ নির্যাতনো সেইখন দেশে সহ্য কৰি যাবগা হয়। এই অৱস্থাটোকে মাৰ্ক্সে কৈছে— We suffered not only from the living, but also from the dead. অনুন্নত দেশবোৰ মাথোন বৰ্তমানৰ হেঁচাতে ভাৰাক্ৰান্ত নহয়, অতীতৰ দুঃসহ ভৰো তাক সহ্য কৰি যাব লগা হয়। পৰিৱৰ্ত্তিত পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ তাত নতুন নতুন আইনো প্ৰৱৰ্তন কৰিব লগা হয়। ইংল্যাণ্ডৰ দৰে দেশত কাৰখানা-শিল্প উৎকর্ষ লাভ কৰিছে, সেয়ে তাত ফেক্টৰী (Factory) আইনৰ প্ৰয়োজন অনুভূত হৈছে আৰু অৱশেষত সেয়া প্ৰৱৰ্তনো হৈছে। কিন্তু মার্কসৰ সময়ত অনুন্নত জার্মানীত সেয়া প্রয়োজন হোৱা নাছিল ।

ওঠৰ শতিকাত সংঘটিত হোৱা আমেৰিকাৰ স্বাধীনতা যুদ্ধৰদ্বাৰা ইউৰোপৰ মধ্যবিত্ত শ্ৰেণীৰ জাগৰণ সূচিত কৰা হয়। ঊনবিংশ শতিকাত পুনৰ আমেৰিকাৰে গৃহযুদ্ধই শ্রমিকশ্ৰেণীৰ মুক্তিৰ ইংগিত বহন কৰিছে। মার্কসৰ সময়ত ইংল্যাণ্ডত সামাজিক ভাঙোন খুবেই স্পষ্ট হৈ উঠিছিল। অব্যবহতি কাল পাছতে ইউৰোপতো ইয়াৰ প্ৰতিক্ৰিয়া অনুভূত হৈছিল। শ্রমিকশ্ৰেণীৰ বিকাশৰ ওপৰতে ইংল্যাণ্ডত এই প্ৰতিক্ৰিয়াৰ কোমলতা অথবা কঠোৰতা নিৰ্ভৰ কৰিছিলএনেকুৱা পৰিস্থিতিতি কোনো উচ্চ অথবা মহান ভাবৰ অনুপ্ৰেৰণাত নহয়, শ্ৰেণীস্বার্থ অক্ষুণ্ণ ৰাখিবলৈয়ে শ্রমিকশ্ৰেণীৰ বিকাশৰ পক্ষত যিসকল অন্তৰায় হৈ আছিল, আইনৰ সাহায্যত সেইসকলক আঁতৰ কৰাটো শাসকশ্ৰেণীৰ পক্ষে নিতান্ত প্ৰয়োজন হৈ পৰিছিল। মার্কস সেয়ে তেওঁৰ মূল গ্ৰন্থ কেপিটেলত ইংল্যাণ্ডৰ ফেক্টৰী আইন আৰু তাৰ ফলাফল সম্পর্কে বিশদভাবে আলোচনা কৰিছে। যাতে এটা জাতিয়ে আন এটা জাতিৰ অভিজ্ঞতাৰপৰা শিক্ষা ল'ব পাৰে। মার্কস কেতিয়াও কোনো ব্যক্তিক ব্যক্তি হিচাপে চিহ্নিত কৰা নাই। ব্যক্তিক তেওঁ পুঁজিপতি ভূ-স্বামী হিচাপে চিহ্নিত কৰিছে। মার্কসৰ ওচৰত ব্যক্তি বিশিষ্ট শ্ৰেণী সম্বন্ধিত আৰু শ্ৰেণীস্বাৰ্থৰ প্ৰতিনিধি। বিশেষ এটি সামাজিক সম্বন্ধৰ উদ্ভৱ আৰু বিকাশৰ কাৰণে তেওঁ কেতিয়াও ব্যক্তিক দায়ী কৰা নাই। ব্যক্তি এগৰাকীয়ে হয়তো অন্তত উচ্চভাব পোষণ কৰিব পাৰে, কিন্তু অন্তৰালত শ্ৰেণীস্বাৰ্থৰ প্রভাৱে তাৰ ওপৰত ক্ৰিয়া কৰি থাকে। ব্যক্তি প্রধানতঃ তাৰ নিজৰ শ্ৰেণীৰে প্ৰতিনিধি।

অৰ্থনীতিৰ বিচাৰত স্বাধীন চিন্তাক ভীষণভাবে শত্ৰুৰ সন্মুখীন হ'ব লগা হয়। ইংল্যাণ্ডৰ চাৰ্চ তাৰ ঊনচল্লিশ দফা ধর্মানুশাসনৰ আটত্রিশ দফাৰ ওপৰত আক্ৰমণ নীৰৱে সহ্য কৰিব পাৰে, কিন্তু তাৰ ঊনচল্লিশ ভাগৰ এভাগ মুনাফাৰ ওপৰত হস্তক্ষেপ কৰিলে সেয়া কেতিয়াও সহ্য নকৰিব। ধর্মযাজক শ্ৰেণীৰ ওচৰত নাস্তিকতা ক্ষমার্হ; কিন্তু ব্যক্তিগত বিত্তমূলক সমাজ সম্পর্কিত বিষয়ৰ ওপৰত আক্ৰমণ অমার্জনীয়। এনেকুৱা অৱস্থা সত্ত্বেও সংৰক্ষণপন্থীসকলৰ কোনোবা কোনোবা যে চিন্তাৰ ফালৰপৰা অগ্ৰসৰ হৈ থকা নাই এনে নহয় ৷ কাৰণ শাসকশ্রেণীও ভাবিবলৈ শিকিছে যে, সমাজ এটি জড়ীভূত নিশ্চল পদাৰ্থ নহয়। সমাজ পৰিৱৰ্ত্তন সাপেক্ষ আৰু প্ৰতিনিয়ত ইয়াৰ পৰিৱৰ্ত্তন সংঘটিত হৈ আছে।

 

১৮৩০ চনলৈকে জার্মানীত বুৰ্জোৱা সমাজ ব্যৱস্থা গঢ়লৈ উঠা নাছিল। ফলত অর্থনৈতিক অথবা ৰাজনৈতিক ক্ষেত্ৰও তাত তেতিয়ালৈকে প্ৰস্তুত হ'ব পৰা নাছিল। তেওঁলোকে তেতিয়া ইংল্যাণ্ড আৰু ফৰাচীসকলৰপৰা বিজ্ঞান ধাৰ কৰি আনিব লগা হৈছিল। জাৰ্মানীৰ অধ্যাপক মণ্ডলীক তেতিয়া স্কুলৰ ছাত্ৰৰ বাহিৰে বেলেগ কিবা আখ্যা দিয়া সম্ভৱ নাছিল। বিদেশত যিসমূহ তত্ত্ব বাস্তৱৰপৰা জন্ম হৈ সত্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল, সেইসমূহক তেওঁলোকে নিজৰ দেশৰ অসম অৱস্থাত প্ৰয়োগ কৰিব বিচাৰিছিল।

১৮৪৮ চনৰপৰা জাৰ্মানীত পূঁজিতান্ত্রিক উৎপাদন প্ৰথাৰ আৰম্ভ। পূঁজিতান্ত্রিক উৎপাদন প্ৰথা আৰম্ভ হোৱাৰ পাছৰপৰা তাত অর্থনীতি প্রণয়নৰ ক্ষেত্র প্রশস্ত হ'ল ঠিকেই, কিন্তু অধ্যাপকসকলৰ কাৰণে নিৰপেক্ষ বৈজ্ঞানিক বিচাৰ সম্ভৱ নহ'ল। কাৰণ যেতিয়া কোনোবাই ভাবিবলৈ শিকে যে, পুঁজিতান্ত্ৰিক ব্যৱস্থাই সর্বশেষ উৎপাদন ব্যৱস্থা, ইয়াৰ কোনো পৰিৱৰ্ত্তন নাই- তেতিয়া তেওঁৰ দ্বাৰা বৈজ্ঞানিকভাবে বিচাৰ কৰা সম্ভৱ নহয়৷

যেতিয়ালৈকে শ্রেণীসংঘৰ্ষ আত্মপ্ৰকাশ নকৰে তেতিয়ালৈকে তাত নিৰপেক্ষ বৈজ্ঞানিক বিচাৰ সম্ভৱ হ'লেও হ'ব পাৰে। কিন্তু পূঁজিতন্ত্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে নিৰপেক্ষ বৈজ্ঞানিক বিচাৰ অসম্ভৱ হৈ উঠে। কাৰণ তেতিয়া তাত শ্রেণী সংঘৰ্ষ তীব্ৰ হৈ উঠে। ফলত লেখকসকল মিথ্যাৰ শৰণাপন্ন হবলৈ বাধ্য হয় । তেতিয়া তেওঁলোকে ক'বলৈ বাধ্য হৈ পৰে যে, পূঁজিতন্ত্রই সৰ্বশ্ৰেষ্ঠ, সৰ্বশেষ আৰু অপৰিৱৰ্ত্তনীয় সমাজ ব্যৱস্থা ।

ইংল্যাণ্ডৰ কথাই ধৰা যাওঁক, শ্রেণী সংঘৰ্ষ যিমানদিনলৈকে তাত তীব্ৰৰূপ পৰিগ্ৰহ কৰা নাছিল সিমানদিনলৈকে তাত পলিটিকেল ইকনমিৰ বৈজ্ঞানিক ভিত্তি ৰক্ষা হৈ হৈছিল। ৰিকাৰ্ডো শ্ৰেণী-স্বাৰ্থৰ সংঘাত আৰু মজুৰি ও মুনাফাৰ বিৰোধিতাক তেওঁৰ বিচাৰৰ মূল সত্য হিচাপে ধৰি লৈছিল। এই বিৰোধ যে প্রাকৃতিক নিয়মৰ দৰেই এটি অনিবার্য সামাজিক বিধি সেয়া ধৰি ল'বলৈ তেওঁক বিবেকে বাধা দিয়া নাছিল । কিন্তু বৈজ্ঞানিকভাবে বিচাৰ আৰম্ভ হোৱাৰ লগে লগে তেওঁৰ তত্ত্ববোৰৰ সমাপ্তি ঘটিল। ৰিকাৰ্ডোৰ জীৱন কালতেই তেওঁৰ দ্বাৰা আৱিষ্কৃত তত্ত্ববোৰক সিচমণ্ডিয়ে আক্ৰমণ কৰে।১৮২০ চনৰপৰা ৩০- চনলৈ এই দহ বছৰত ইংল্যাণ্ডত একেটা সময়ত বৈজ্ঞানিক বিচাৰ আৰু বৈজ্ঞানিক বিচাৰৰ ককৰ্থনা দুয়ো আৰম্ভ হৈছিল। ইয়াৰ পশ্চাতত আছিল ইংল্যাণ্ডৰ তদানীন্তন সামাজিক অৱস্থা। এফালে আধুনিক কাৰখানা শিল্পই তাৰ শৈশৱ অতিক্ৰম কৰি ১৮২৫ চনত প্ৰথম অর্থসংকটৰ সন্মুখীন হৈছে, আনফালে ভূ-স্বামীসকলৰ বিৰুদ্ধে শ্রমিক বুৰ্জোৱা নেতৃত্ব যুদ্ধৰ কাৰণে অগ্ৰসৰ হৈছে। এনেকুৱা বিৰোধিতাৰ কাৰণে বুৰ্জোৱা জগতৰ শ্ৰেণীসংঘৰ্ষ কিছুদিনৰ কাৰণে তল পৰি থাকিল। Corn law’-প্ৰণয়ন হোৱাৰ পাছত অভিজাত ভূ-স্বামীসকলৰ বিৰুদ্ধে সংঘৰ্ষ খুবেই তীব্ৰতৰ হৈ উঠে; ১৯৩০ চনৰপৰা ইংল্যাণ্ডত বিৰাট ওলট-পালট সংঘটিত হয়।

ফ্ৰান্স আৰু ইংল্যাণ্ডত বুৰ্জোৱাসকলে ৰাজনৈতিক অধিকাৰ হস্তগত কৰি ল'লে। ফলত তেতিয়াৰপৰা মত আৰু পন্থা' দুফালৰপৰাই তাত শ্রেণীসংঘর্ষ স্পষ্ট, সুনিৰ্দ্দিষ্ট আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিছে। লগে লগে বৈজ্ঞানিক ইকনমিৰ বৈজ্ঞানিক দিশটোও একেবাৰে খহি পৰিছে। ইংল্যাণ্ডত ফেক্ট'ৰি এক্ট প্ৰৱৰ্তনৰ সময়ত তাৰ বিৰুদ্ধে যুক্তি দর্শোৱাৰ কাৰণে মানচেষ্টাৰৰ কয়লাৱালাসকলে চিনিয়ৰক নিয়োগ কৰে; চিনিয়ৰে “Last hour Theory”' আৱিষ্কাৰ কৰে

চিনিয়ৰৰ দ্বাৰা আৱিষ্কৃত “Last hour Theory” এক্ট এক উদ্ভট বস্তু। ইয়াৰ ফলত বিজ্ঞানৰ স্থান দখল কৰি বহিল বিবেকহীনতা । অৱশ্যে সেই সময়ত কবডেন আৰু ব্ৰাইট 'Anti-corn law league'- ৰ পক্ষৰপৰা যিবোৰ পুস্তিকা ৰচনা আৰু প্ৰচাৰ কৰা হৈছিল, সেইবোৰৰ সিমানখিনি বৈজ্ঞানিক ভিত্তি নাথাকিলেও সেইবোৰৰ যে ঐতিহাসক এটি দিশ আছিল সেয়া সন্দেহাতীত।

১৮৪৮-৪৯ বৰ্ষত ইউৰোপ ব্যাপী সংঘটিত হোৱা বিপ্লৱৰ প্ৰতিক্ৰিয়া অতি সহজেই অভিব্যক্ত হ'ল। এটা সময়ত শ্ৰমিকৰ দাবি ইমানইে চৰম পর্যায় পালে যে, তাক উপেক্ষা কৰা অসম্ভৱ হৈ পৰিল। ফলত শাসকশ্ৰেণীৰ মাজৰপৰা এদল ওলাই আহি অৰ্থনীতিক পুঁজিবাদীৰ চাটুকাৰিতাৰপৰা উদ্ধাৰ কৰি ভদ্ৰ পৰিচ্ছদ পিন্ধোৱাৰ কাৰণে সচেষ্ট হ'ল। এই দলৰে প্ৰতিনিধি জন স্টুৱাৰ্ট মিল; যিবোৰ বস্তুৰ মিশ্ৰণ হোৱা প্ৰকৃতি তেওঁ সেইবোৰক মিশ্ৰণ কৰাৰ কাৰণে সচেষ্ট হ'ল। অর্থাৎ Irreconcilable বোৰক Reconcile কৰাৰ কাৰণে ব্যর্থ চেষ্টাত প্ৰবৃত্ত হ'ল। এইসকল লেখকে সকলো দিশ ৰক্ষাৰ কাৰণে চেষ্টাত প্ৰবৃত্ত হোৱাৰপৰা বুৰ্জোৱা ইক'নমিৰ দাৰিদ্ৰ আৰু দৌর্বল্যই প্ৰকাশিত হৈছে। ফ্ৰান্স আৰু ইংল্যাণ্ডত পূঁজিপতিৰ সংঘৰ্ষমূলক দিশটো যেতিয়া প্ৰচণ্ড হৈ উঠিল, তেতিয়া জার্মানীত পুঁজিতন্ত্রই শিপা মেলি বহিল। ইয়াৰ মাজতে জাৰ্মানীৰ শ্ৰমিকসকল বুৰ্জোৱাসকলতকৈ বহু বেছি শ্রেণী সচেতন হৈ উঠিল। ফলত বুৰ্জোৱা ইক'নমি প্ৰণয়নৰ ক্ষেত্ৰ প্ৰস্তুত আৰু সময় উপস্থিত হোৱাৰ সময়তে সেয়া প্ৰণয়ন কৰা অসম্ভৱ উঠিল। এনেকুৱা অৱস্থাত অধ্যাপকমণ্ডলী দুভাগত বিভক্ত হৈ পৰিল। কোনোবাই Bastiar- ৰ সিদ্ধান্ত গ্ৰহণ কৰি ককৰ্থনা কৰিবলৈ প্ৰবৃত্ত হ'ল আৰু কোনোবাই স্টুৱাৰ্ট মিলৰ পন্থা অৱলম্বন কৰি পৰস্পৰ বিৰোধী বিষয়বোৰ সমন্বয় কৰিবলৈ যত্নপৰ হ'ল। এই অদ্ভুত পৰিস্থিতিত জার্মানীত বৈজ্ঞানিক বিচাৰ আৰু দৃষ্টিৰদ্বাৰা অর্থনীতি প্রণয়ন অসম্ভৱ হৈ উঠিল। কিন্তু সেই বুলি কদর্থমূলক অৰ্থনীতিৰ সমালোচনাৰো অভাব নহ'এই আক্রমণ আহিল সমাজৰ সৰ্বহাৰা শ্ৰেণীৰ প্রতিনিধিসকলৰ পৰা

মাৰ্ক্সৰ মূল কেপিটেল' ৰুচ ভাষাত অনূদিত হয় ১৮৭২ চনত৷ ৰাচিয়াৰ অধ্যাপক চাইবাৰে কেপিটেল পঢ়ি লেখে- মার্কসতত্ত্ব এডাম স্মিথ আৰু ৰিকাৰ্ডোৰ মতবাদৰ বিকাশ আৰু পৰিণতিৰ বাহিৰে আন একো নহয়। ১৮৭২ চনত চেণ্টপিটাৰ্চবাৰ্গৰ ইউৰোপীয়ান মেচেঞ্জাৰ মার্কসৰ বিচাৰৰীতি সম্পর্কে যি বিশদ আলোচনা প্ৰকাশ কৰে, মার্কস স্বয়ং সেয়া উল্লেখ কৰিছে। পূঁজিতন্ত্ৰৰ অন্তৰ্গত যিবোৰ তথ্য আৰু বিষয়াদি আছে, মার্কস সেইবোৰৰ বিশ্লেষণ আৰু সমন্বয়ৰদ্বাৰা তাৰ পশ্চাতত যিবোৰ সূত্ৰ আছে, সেয়াতো আৱিষ্কাৰ কৰিছেই; তাৰ উপৰিও তেওঁ এই সূত্ৰৰ বিকাশ আৰু পৰিণতিৰ ক্ৰমটোও দেখুৱাইছে। এই সূত্ৰ আৱিষ্কাৰ কৰি তেওঁ সামাজিক জীৱনত প্ৰভাৱ পৰিবপৰা ফলাফলো দেখুৱাইছে। কেনেকৈ সমাজৰ এটা অৱস্থাৰপৰা আনটো অৱস্থালৈ পৰিৱৰ্ত্তন ঘটি আছে, সেয়া দেখুওৱাটোৱেই আছিল মাৰ্ক্সৰ চেষ্টা। বৰ্তমান সমাজৰ অস্তিত্ব যেনেকৈ সত্য, তেনেকৈ তাৰ গুণাত্মক অৱস্থান্তৰো অনিবার্য। এই অনিবার্যতা সম্পর্কে ব্যক্তি বিশেষৰ প্ৰত্যয় আছে নে নাই, সেই সম্পর্কে ব্যক্তি বিশেষ কিমানদূৰ সচেতন, এই ক্ষেত্ৰত তেনেকুৱা বিচাৰৰ কোনো প্রয়োজন নহয়। সমাজ পৰিৱৰ্ত্তনৰ ক্ষেত্ৰত "ব্যক্তিৰ ইচ্ছা, অভিপ্ৰায় আৰু চেতনাৰ অপেক্ষা নকৰে; বৰং ব্যক্তিৰ অভিপ্ৰায় আৰু চেতনাৰ ৰূপ নিৰ্দ্ধাৰিত হয় সমাজ আৰু সামাজিক পৰিৱৰ্ত্তনৰদ্বাৰা। সমাজৰ সন্মুখত ব্যক্তিৰ ইচ্ছা আৰু চেতনা ইমানেই ক্ষুদ্ৰ যে, তাক কেতিয়াও সমাজ পৰিৱৰ্ত্তন আৰু সামাজিক অৱস্থান্তৰৰ মূলসূত্ৰ হিচাপে গণ্য কৰিবপৰা নাযায়। মার্কসৰ্গৱেষণাত তথ্যক তথ্যৰ তুলাচনীত জোখা হৈছে; ‘আইডিয়াআৰু তথ্যৰ তুলনা কৰা হোৱা নাই। সমাজ-প্ৰগতিৰ বিভিন্ন সময় আৰু বিভিন্ন স্তৰৰপৰা তথ্যসমূহ লোৱা হৈছে। মার্কস বিশেষভাবে সমাজ-প্ৰগতিৰ বিভিন্ন স্তৰৰ পৰম্পৰাগত সম্পৰ্ক বিচাৰ কৰিছে। সমাজৰ বিভিন্ন স্তৰ বিভিন্ন সমাজ-সূত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে। কিন্তু আমাৰ সাধাৰণ ধাৰণা, অর্থনৈতিক সূত্ৰবোৰ সকলো দেশ, সকলো যুগ আৰু সকলো সময়ৰ কাৰণে একে। মার্কসৰ বস্তুতান্ত্ৰিক বিচাৰ এই ভ্ৰান্ত ধাৰণাক অস্বীকাৰ কৰিছে। প্ৰতিটো ঐতিহাসিক যুগৰ স্বতন্ত্র অর্থনৈতিক সূত্র আছে। সমাজৰ বিশেষ স্তৰৰ বিকাশৰ যেতিয়া আৰু প্ৰয়োজন নাথাকে, তেতিয়া সমাজ নতুন সূত্রাধীন হ'বলৈ বাধ্য হয়। মার্কস তেওঁৰ গৱেষণাত এই বিচাৰৰ্নীতিৰ অৱলম্বনদ্বাৰা এটি বিশেষ প্ৰকাৰৰ সমাজ স্তৰৰ উদ্ভৱ, বিকাশ আৰু বিনষ্টি সম্পর্কে যেনেকৈ আলোচনা কৰিছে, তেনেকৈ ইয়াৰ পৰৱৰ্ত্তী ৰূপৰ সূত্ৰও আমাৰ সন্মুখত উপস্থাপন কৰিছে। এই কাৰণেই মার্কসীয় বিচাৰৰীতি বৈজ্ঞানিক আৰু বাস্তৱৰ লগত সংগতি সম্পন্ন।

মাৰ্ক্সডায়ালেকটিক হেগেলৰ ডায়ালেকটিকপৰা পৃথক। উপৰোক্ত বিচাৰ ডায়ালেকটিক সন্মত বিচাৰ। সমাজক পৰিৱৰ্ত্তন সাপেক্ষ হিচাপে ধৰি লৈ সমাজৰ বিভিন্ন স্তৰসমূহৰ পশ্চাদৱৰ্ত্তী সূত্ৰসমূহক আৱিষ্কাৰ আৰু সেইসমূহৰ পৰস্পৰৰ সম্পৰ্ক নিৰ্দ্ধাৰণ কৰাটো সম্পূর্ণভাবে ডায়ালেকটিক ৰীতিৰেই বিচাৰ। মানুহৰ মননক্ৰিয়াৰপৰা উদ্ভূত ধাৰণা হেগেলৰ ওচৰত আইডিয়ানাম লৈ এটা বস্তু অনন্য সত্ত্বাৰূপে থিয় দিছে। হেগেলৰ মতে এই আইডিয়াই বস্তুৰ স্ৰষ্টা; বাস্তৱ বিশ্বখন আইডিয়াৰে বাহ্য বিকাশৰ বাহিৰে আন একো নহয়। প্রকৃতপক্ষে বাহিৰৰ এটি বস্তু মস্তিষ্কত স্থানান্তৰ হ'লেই তাক কোৱা হয় আইডিয়া2১৮৪২ চনত মার্কস সৰ্বপ্ৰথম হেগেলৰ অতীন্দ্ৰিয় ব্যাখ্যাৰ সমালোচনা কৰে

সেই সময়ত জার্মানিৰ চিন্তা জগতত হেগেলৰ খুব প্ৰভাৱ আছিল। কিন্তু মার্কস যেতিয়া কেপিটেল' প্ৰণয়নত প্ৰবৃত্ত হ', তেতিয়া হেগেলক ‘Dead dog' আখ্যা দিয়াটো ফেশ্বনৰ ভিতৰত পৰিগণিত হ'ল। ইয়াকে লক্ষ্য কৰি মার্কস প্রকাশ্যভাবেই নিজক হেগেলৰ শিষ্য বুলি ঘোষণা কৰিলে।

ডায়ালেকটিক হেগেলৰপৰা অতীন্দ্ৰিয় ৰূপত পালেও, সর্বপ্রথম মার্কসে ইয়াক এটি সুনির্দিষ্ট আকাৰ দিয়ে। হেগেলৰ ওচৰত ডায়ালেকটিক মূৰৰ ওপৰত থিয় হৈ আছিল; মার্কস ইয়াক ভৰিৰ ওপৰত থিয় কৰাই স্বাভাৱিক ভংগী লৈ ওভতাই আনিলে। হেগেলৰ ডায়ালেকটিকৰ মূল আইডিয়া’; মার্কসৰ ওচৰত বস্তুডায়ালেকটিক অতীন্দ্ৰিয় ৰূপত জার্মানিত খুবেই সমাদৃত আছিল। কিয়নো ই প্রচলিত সমাজ ব্যৱস্থাৰ বিৰোধী নাছিল। কিন্তু ডায়ালেকটিকৰ বস্তুতান্ত্ৰিক ৰূপ তাত অভিশাপ বিশেষ হৈ থিয় দিলে। সকলো প্ৰকাৰ সমাজ ব্যৱস্থাই যে সাময়িক মার্কসৰ ব্যাখ্যাই তাৰ ওপৰত বিশেষভাবে জোৰ দিছে। মার্কসৰ ডায়ালেকটিক নিৰ্ভীক আৰু বৈপ্লৱিক; বৰ্তমান সমাজক আক্ৰমণ আৰু ইয়াক সমূলে ধ্বংস সম্পর্কে ভৱিষ্যত বাণী কৰিবলৈও মার্কস কুণ্ঠাবোধ কৰা নাই ।

(`মানুহে বাহিৰৰ এটা বস্তুক যেতিয়া প্ৰত্যক্ষ কৰে তেতিয়া বস্তুটো সম্পৰ্কে তাৰ মনত এটি ধাৰণা জন্মে। ইয়াক মার্কসে ‘object transferred into the Head ' বুলি কৈছে।

              

              হেগেল আৰু বিশ্ব ইতিহাস

হেগেল বিশ্ব ইতিহাসৰ দৰ্শন ৰচনা কৰিছিল। এই আলোচনাত তেওঁৰ দৰ্শনৰ মৰ্ম সহজে ফুটি উঠিছে। আত্মা (Spirit) কেনেকৈ সত্যৰ আলোকত উদ্ভাসিত হয, সেয়া দেখুওৱাই বিশ্ব ইতিহাসৰ কাৰ্য। বিশ্ব ইতিহাসতে প্ৰজ্ঞাৰ (reason) উদয় হয়; ইয়াৰ ভিতৰতে প্ৰজ্ঞাই তাৰ বিকাশ ও স্বতঃস্ফূর্ততাৰ বাট বিচাৰি লয় আৰু অৱশেষত আত্মোপলব্ধিৰ আনন্দত সাৰ্থক হয়। হেগেলৰ ইতিহাস পর্যালোচনাৰ সময়ত এই মূল বিষয়টো মনত ৰাখিব লাগিব।

ইতিহাসক তিনি ধৰণে চোৱা হৈছে- (১) মৌলিক ইতিহাস (Original History) (২) ভাবমূলক ইতিহাস (Reflective History) আৰু (৩) দার্শনিক ইতিহাস(Philosophical History)হিৰোটাচ আৰু থুচিডিডচে প্ৰথম শ্ৰেণীৰ ইতিহাস লেখিছে। তেওঁলোকৰ ৰচনা সমসাময়িক তথ্য আৰু ঘটনাদিৰ কল্পিত বর্ণণাতে সীমাৱদ্ধ আছিল। তেওঁলোকে এনেকুৱা ইতিহাস ৰচনা কৰিছিল যাৰ ভিতৰত হয়তো তেওঁলোকৰ নিজৰে অংশ আছিল অথবা তেওঁলোক আছিল সেইসমূহ ঘটনাৰ প্ৰত্যক্ষ আৰু নিৰ্দ্দিষ্ট দর্শক। ঐতিহাসিক ঘটনাসমূহৰ মৰ্ম আৰু তেওঁলোকৰ নিজৰ ভাব ও ধাৰণা যেন অনন্য। দ্বিতীয় শ্ৰেণীৰ ইতিহাসত সম-সাময়িক ঘটনাৰ সমাৱেশ কম; বৰ্তমানক অতিক্ৰম কৰি সূত্ৰ ৰচনা কৰাই ইয়াৰ লক্ষ্য। আৰু এক ধৰণে ইতিহাস ৰচনা কৰা সম্ভৱ। অতীত ইতিহাসৰপৰা নীতি আহৰণ কৰি তাৰপৰা বৰ্তমানৰ উপযোগী শিক্ষা, সংগ্রহ আদি ভাবমূলক ইতিহাস চৰ্চাৰ লক্ষ্য হ'ব পাৰে। এই ধৰণৰ ইতিহাসক আক্ৰমণ কৰি হেগেল লেখিছে- অতীতৰ ধৰ্ম আৰু বৰ্তমানৰ প্ৰতিভাৰ মাজত বিৰাট পার্থক্য আছে। বৰ্তমানৰ জীৱন আৰু স্পন্দনৰ মাজত অতীতৰ নিষ্প্রভ স্মৃতি অত্যন্ত বিশৃংখল হৈ পৰে। আন এক ধৰণৰ ভাবমূলক ইতিহাস আছে; এনে ধৰণে লেখা ইতিহাস সাধাৰণতঃ তথ্যৰপৰা বিচ্ছিন্ন । কিন্তু এই শ্রেণী ইতিহাসৰ এক ব্যাপক দৃষ্টি আছে কাৰণে ই দাৰ্শনিক ইতিহাসৰ পথপ্ৰদৰ্শক । এই শ্ৰেণীৰ ৰচনাই প্রজ্ঞাক সকলো ঐতিহাসিক ঘটনাৰ নিৰ্দ্দেশক আৰু বিশ্বৰ নিয়ামকৰূপে উপস্থিত কৰিছে।

বিশ্ব প্রকৃতপক্ষে প্রজ্ঞাৰে বহিঃপ্রকাশ। বিশ্ব ইতিহাস প্রজ্ঞাৰে জয়যাত্ৰাৰ ইতিহাস। দার্শনিক ইতিহাসে এই সত্যটোকেই উদ্‌ঘাটন কৰিছে। বিশ্ব ইতিহাস এক পৰিচিন্তিত ক্ৰম (Rational process) ইয়াৰ মূল সত্য হ'ল আত্মা, এয়াই বিশ্বৰ অন্তঃস্থিত পৰমসত্ত্বা। প্রজ্ঞা অথবা আত্মসৃজন সততে ক্ৰিয়াৰ ওপৰত সম্পূর্ণভাবে আত্মনিৰ্ভৰশীল৷ প্ৰজ্ঞাৰ ওপৰত ভিত্তি কৰিয়ে প্রজ্ঞা থিয় হৈ আছে। প্ৰজ্ঞাৰ লক্ষ্য আৰু পৰিণতি প্রজ্ঞা স্বয়ং; এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে যিবোৰ শক্তি ইয়াৰ পশ্চাতত ক্ৰিয়া কৰি আছে সেয়াও প্রজ্ঞাই। বিশ্ব আৰু বিশ্বৰ সকলো তথ্যাদিৰ মাজত প্ৰজ্ঞাৰে গৌৰৱ আৰু মৰ্যদা প্রকটিত হৈ আছে।

এতিয়া বিচাৰ্য আত্মাৰ বিশেষ ধৰ্মটোনো কি? আত্মা আৰু প্ৰজ্ঞা তাৰ নিজৰ আইডিয়াক যথাৰ্থ কৰাৰ কাৰণে কি উপায় অৱলম্বন কৰি আছে? কেনেকৈ সমাজ কাঠামোৰ ভিতৰত আত্মাই তাৰ বিকাশৰ কাৰ্য সংঘটিত কৰি আছে? হেগেল এই সমাজ কাঠামোক ৰাষ্ট্ৰ আখ্যা দিছে। জড় আৰু আত্মা পৰস্পৰ বিৰোধী আৰু বিৰুদ্ধ স্বভাৱ বিশিষ্ট। জড়ৰ ধৰ্ম মাধ্যাকর্ষণ; আত্মাৰ স্বৰূপ স্বৰাষ্ট্ৰ। জড়ৰ গঠন যৌগিক আৰু গতিমুখী। আত্মা নিজৰ ভিতৰতে সিদ্ধ, একত্বৰ সন্ধানত তাক বাহিৰৰ ফালে যাব লগা নহয়। জড়ৰ ঐকান্তিক চেষ্টা নিজৰ আইডিয়াক সিদ্ধ কৰা; কিন্তু কেতিয়াবা যদি সেয়া সম্ভৱ হ'লহেঁতেন তেনেহ'লে জড় আত্মাতেই পর্যবসিত হৈ পৰিলহেঁতেন। আত্মা এটি স্ব-পর্যাপ্ত সত্তা বুলিয়ে স্বৰাষ্ট্ৰ তাৰ অতি নিজস্ব। আত্মা স্ব-বোধৰ (Self conciousness) ভিতৰত। সেয়ে বিষয় (Object) আৰু বিষয়ী (Subject) দুয়ো আত্মাত একাকাৰ হৈ যায়। আত্মাৰ স্ব-বোধ তাৰ নিজৰ সম্পৰ্কেই জ্ঞান ।

বিশ্ব ইতিহাসৰ লক্ষ্য, মানুহ মনুষ্য হিচাপে স্বাধীন, এই বোধটো। প্রাচ্যদেশীয় মানুহে ধাৰণা কৰিছিল যে, মানুহ ব্যক্তি হিচাপে স্বাধীন। ইতিহাসত স্বাধীনতাবোধৰ সংজ্ঞা অত্যন্ত অপূৰ্ণ ৰূপ। গ্ৰীক, ৰোমানসকলে জানিছিল যে, সামান্য কিছু সংখ্যক ব্যক্তিয়ে স্বাধীন। কিন্তু মানুহ যে মানুহ হিচাপেই স্বাধীন এই বোধটো তেতিয়াও জন্মাব পৰা নাছিল। মানুহৰ এই বোধটো জন্মিছে জার্মানিৰ ইতিহাসত। হেগেল স্বাধীনতাবোধৰ এই তাৰতম্যৰ জৰিয়তেই স্তৰ নিৰ্ণয় কৰিছে।

আত্মাৰ পক্ষে নিজৰ স্বাধীনতা সম্পর্কে জ্ঞানেই আধ্যাত্মিকতাৰ শেষ পৰিণতি । বিশ্বৰ ইতিহাস ক্রমাগত এই লক্ষ্য অভিমূখেই ধাৱিত হৈছে। ইয়াৰ কাৰণেই বিশ্বৰ পৰিসীমাৰ ভিতৰত ইমান ঘটনা-বিপর্যয়, ইমান আৱৰ্তন-বিবর্তন, ইমান যুদ্ধ-বিগ্রহ সংঘটিত হৈছে। উপৰোক্ত আলোচনাত হেগেল আত্মা আৰু প্ৰজ্ঞাৰ লক্ষ্য কি সেয়া নিৰ্দ্ধাৰণ কৰিছে। এতিয়া কি উপায়ে এই লক্ষ্যত উপনীত হোৱা সম্ভৱ হেগেল সেয়াই আলোচনা কৰিব ।

স্বৰাষ্ট্ৰৰ আদি অৱস্থা এটি অপৰিণত আইডিয়া। ইয়াৰ বিকাশৰ কাৰণে আত্মাক বাহ্যিক বিষয়াদিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ইতিহাসৰ ফালে দৃষ্টিপাত কৰিলে প্ৰথম দৃষ্টিত আমাৰ ধাৰণা হয় যেন মানুহৰ সকলো কৰ্মৰ মূল উৎস বোধহয় তাৰ নিজৰ ক্ষুধা, প্ৰবৃত্তি আৰু প্রতিভা; সাধাৰণতঃ দেখা যায়, মানুহৰ অনুষ্ঠিত কৰ্ম আৰু আচৰণৰ ওপৰত বুদ্ধিতকৈ প্ৰবৃত্তিৰ প্ৰভাৱ অধিক। কিমান ব্যক্তি, কিমান জাতি, কিমান ৰাষ্ট্ৰ নিজৰ নিজৰ কৰ্মৰ পৰিণাম স্বৰূপে দূৰ্গত আৰু বিনষ্ট হৈ আছে। এনেকুৱা অৱস্থাৰ কাৰণে সকলোৰে মনত প্রশ্ন উদয় হ'ব পাৰে যে, এনে কোনো সার্বলৌকিক সূত্র আছে নেকি যাৰ দ্বাৰা ব্যক্তি, ৰাষ্ট্ৰ আৰু সমাজৰ কাৰণে সকলো প্ৰকাৰৰ ত্যাগ স্বীকাৰ কৰা সম্ভৱ?

প্ৰজ্ঞাৰ স্ব-বোধৰ সম্ভাৱনা যথাৰ্থ হোৱাৰ কাৰণে প্ৰয়োজন মানুহৰ কৰ্ম; কৰ্মৰ মাজেৰে মানুহৰ স্ব-বোধ জন্মিব পাৰে। মানুহৰ কৰ্মৰ মূল তাৰ ক্ষুধা, প্রবৃত্তি প্রভৃতি। সকলোৰে বাসনা, ইচ্ছা, অভিপ্ৰায় আছে, কৰ্মৰ মাজেৰেই তাৰ বাসনা, ইচ্ছা, অভিপ্রায় বাস্তৱ ৰূপ গ্ৰহণ কৰে । কৰ্মৰ সাফল্যৰ পৰাই ব্যক্তিত্বৰ প্ৰতিষ্ঠা হয়।

এই বিচাৰৰপৰা দেখা যায় যে, ঐতিহাসিক প্ৰগতিৰ কাৰণে আইডিয়া ও প্রবৃত্তি এই দুটা বস্তুৰ প্ৰয়োজন। এই দুটা বস্তুলৈয়ে বিশ্ব ইতিহাসৰ টনা-আঁজোৰা। বাস্তৱ জগতত এই দুটাৰ সন্মিলনক হেগেল আখ্যা দিছে লিবার্টি। লিবার্টিৰ বিকাশ হ'ব পাৰে ৰাষ্ট্ৰিক পৰিৱেশৰ অন্তৰ্ভূক্ত নৈতিক আৱহাওয়াৰ ভিতৰত। ৰাষ্ট্ৰৰ অন্তৰ্গত সকলো নাগৰিকৰ ইচ্ছা-অভিপ্ৰায় ৰাষ্ট্ৰৰ অভিপ্ৰায়ৰ (will of the State.) লগত সুসংহত ও একীভূত হ'লেই ৰাষ্ট্ৰ সুদৃঢ় আৰু সুগঠিত হয়। এই সংহতিক যথার্থ কৰি তুলিবলৈ হ'লে ৰাজনৈতিক প্রতিষ্ঠানসমূহক বহু ৰূপান্তৰ ও বিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হ'ব লাগে। ইতিহাসৰ বিপদ সংকূল বাটত প্ৰকৃত ৰাষ্ট্র কাঠামোৰ বিকাশৰ কাৰণে সংখ্যাতীত সংঘৰ্ষ অনিবার্য। প্ৰজ্ঞাৰ সিদ্ধি যদিও বিশ্ব ইতিহাসৰ লক্ষ্য, তথাপিও ইয়াৰ আৰম্ভণি হয় প্ৰকৃতিক লৈয়ে। তেতিয়া এই উদ্দেশ্য থাকে অবিকশিত নিজ্ঞানৰ স্তৰত। মানুহৰ কৰ্মৰ মাজেৰেই এই উদ্দেশ্য সিদ্ধ হয়; কৰ্মৰ মূল হ'ল প্ৰবৃত্তি।

এটি অট্টালিকা নিৰ্মাণ কৰিবলৈ হ'লে এই সম্পৰ্কে পূৰ্বৰপৰাই মূৰত ধাৰণা আৰু পৰিকল্পনা থাকিব লাগিব । অট্টালিকা নিৰ্মাণৰ কাৰণে যিবোৰ মাল-মচলা প্রয়োজন সেয়াও সন্মুখত উপস্থিত ৰাখিব লাগিব। এফালে লোহা-লক্কড়, কাঠ-শিল প্রভৃতি কেঁচামাল আৰু আনফালে পানী, বায়ু, জুই প্রভৃতি প্রাকৃতিক উপাদান, এইবোৰ সকলো বস্তুৰ প্ৰয়োজন। বায়ুই অট্টালিকা নিৰ্মাণত সহায় কৰে ঠিকেই; কিন্তু অট্টালিকা থিয় হ'লে তাৰ দ্বাৰা বায়ুকেই বাধা দি ৰখা হয়। নিৰ্মাণ কাৰ্যত পানীৰ আৱশ্যক, জুইৰ প্ৰয়োজন, কিন্তু পৰিকল্পনাটো যেতিয়া ৰূপ পৰিগ্ৰহ কৰে তেতিয়া পানী, জুই প্রভৃতি প্রাকৃতিক বিষয়সমূহক বাধা দি ধৰি ৰখাই হয় অট্টালিকাৰ কাম। প্রাকৃতিক উপাদানসমূহে সিহঁতৰ স্ব-স্ব ধর্ম পালন কৰি গ', সিহঁতৰ স্বভাৱ অনুসৰিয়ে সিহঁতক কামত লগোৱা হ'; কিন্তু পৰিকল্পনাটো সফলতাৰ বাটত অগ্ৰসৰ হোৱাৰ লগে লগে সিহঁতৰ স্বভাৱ আৰু ধৰ্ম খৰ্ব ও সংকোচন হৈ পৰিল । সমাজৰ ক্ষেত্ৰতো দেখা যায়, কোনো এটা বিষয়ত ব্যক্তিগত অভিপ্ৰায়ৰ চৰিতাৰ্থতা ঘটিলেও বহুলোকৰ পৰিতৃপ্তিৰ প্ৰয়াসৰপৰা এনেকুৱা বস্তুৰ সৃষ্টি হয়, যাৰ দ্বাৰা ব্যক্তিগত প্রবৃত্তি সংকোচন হৈ সমাজৰ শৃংখলা আৰু সাৰ্বজনীন ৰাষ্ট্ৰাধিকাৰ আত্মপ্রকাশ কৰে।

ইতিহাসত দেখা যায়, মানুহে তাৰ এটি কৰ্মৰ দ্বাৰা যি ইচ্ছা চৰিতাৰ্থ কৰিব বিচাৰিছে, তাৰদ্বাৰা বেলেগ এটি উদ্দেশ্যও সিদ্ধি হৈ আছে। ব্যক্তিজনে হয়তো মুঠেই সেয়া ইচ্ছা কৰা নাই, কিন্তু তথাপিও সেয়াই সত্য হৈ উঠিছে। এজন ব্যক্তি তাৰ বিশেষ এটি অভিসন্ধি চৰিতাৰ্থৰ কাৰণে কোনোবা এজনৰ ঘৰত জুই লগাইছে; তাৰপৰা হয়তো বহুজনৰ ঘৰ-দুৱাৰ, ধন-প্ৰাণ বিনষ্ট হৈছে। ইয়াত এটি একক ঘটনাৰ সংঘটনৰপৰা ব্যাপক এটি বিষয়ৰ সৃষ্টি হ', ক্ষুদ্ৰ বৃহত্বৰ লগত সংযুক্ত হ'; বিশ্ব ইতিহাসত যিসকল ঐতিহাসিক ব্যক্তিৰ নাম অক্ষয় হৈ আছে, তেওঁলোকৰ জীৱনত দেখা যায় যে, তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যৰ মাজত বেলেগৰ বৃহৎ উদ্দেশ্য লুক্কায়িত হৈ আছিল ৷

চিজাৰ নিজৰ গৌৰৱ আৰু মৰ্যদাৰ কাৰণে ৰোম সাম্ৰাজ্য কৰায়ত্ত কৰিলে; নিজে স্বেচ্ছাচাৰি সাজিলে; এই ক্ষেত্ৰত তাৰ ব্যক্তিগত উদ্দেশ্য সিদ্ধি হ'ল ঠিকেই, কিন্তু ইয়াৰ দ্বাৰা সংঘটিত কৰিলে এটি অননুভূত প্ৰেৰণা। এই প্ৰেৰণাটো ঠিক সেই মুহূৰ্তৰে অপেক্ষাত আছিল। ঐতিহাসিক ব্যক্তি মাত্ৰৰে কামৰ যোগেদি বিশ্ব আত্মাই তাৰ নিজৰ কৰ্ম কৰি গৈ আছে। এওঁলোক ইতিহাসৰ নায়ক, কিয়নো জীৱনৰ গড্ডালিকা (অন্ধ অনুকৰণ)ত এওঁলোক উটি যোৱা নাই; নিৰ্জঞ্জাল শান্তিময় জীৱনৰ কামনা এওঁলোকে কৰা নাই। বৰ্তমানৰ তলদেশত প্ৰচ্ছাদিত বিশ্ব- আত্মাৰূপৰ উৎসৰপৰা এওঁলোকে প্ৰেৰণা লাভ কৰিছে। এই ঐতিহাসিক ব্যক্তিসকলে ধাৰণাই কৰিবপৰা নাই যে, এওঁলোকৰ বিশেষ বিশেষ কামৰ মাজেদি বিশ্ব আত্মা প্রকটিত হৈ আছে। আলেকজেণ্ডাৰ, চিজাৰ, নেপোলিয়ন সমাজৰ শ্ৰেষ্ঠ ব্যক্তি, কিয়নো তেওঁলোকে বৃহৎ কর্ম সম্পাদন কৰিছে, যুগোপযোগী কর্তব্য সম্পাদন কৰিছে। প্ৰবৃত্তিৰ প্ৰেৰণাত যিবোৰ কৰ্ম সংঘটিত হয় বিশ্ব আত্মাই তাৰ মাজেৰেই নিজৰ কৰ্ম কৰি গৈ আছে। ইতিহাসত নানা আৱৰ্তন, নানা সংঘর্ষ আমি প্রত্যক্ষ কৰি আছো; ইয়াৰ মাজেৰে প্ৰজ্ঞাৰ জয়যাত্ৰা সম্ভৱ হ'লেও বিশ্ব-আত্মা কেতিয়াও ইয়াৰ মাজত লিপ্ত হৈ নপৰে; সেয়ে তাৰ নিৰাপত্তা সুনিশ্চিত।

হেগেল এতিয়া বিচাৰ কৰিব, কেনেকুৱা ক্ষেত্ৰত আত্মাই মানুহৰ অভিপ্ৰায় আৰু আদৰ্শৰ মাজেৰে নিজৰ প্ৰকাশৰ কাৰ্য সংঘটিত কৰি গৈ আছে। সাধাৰণ ভাবে আমি বুজো যে, মানুহৰ নিজৰ ব্যক্তিত্বই এই ক্ষেত্র। কিন্তু ব্যক্তিত্বৰ এটি বাস্তৱ ভিত্তি থকা প্রায়োজন। এই ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত থাকিয়ে ব্যক্তিত্বই আত্মাৰ ৰাজ্যৰ অংশীদাৰ হৈ আছে। ৰাষ্ট্ৰ মানুহৰ নৈতিক জীৱনৰ এটি পৰিপূৰ্ণৰূপ। যিসমূহ জাতি বিশ্ব ইতিহাসত উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে, তেওঁলোকেই মাথোন ৰাষ্ট্ৰ গঠন কৰিবলৈ সমৰ্থ হৈছে।

ইতিহাসৰ নিৰন্তৰ ৰূপান্তৰ ইয়াকেই নিৰ্দ্দেশিত কৰে যে, ইতিহাসৰ গতি উত্তৰোত্তৰ পৰিপূৰ্ণতাৰ ফালে অগ্ৰসৰ হৈছে। প্ৰকৃতিৰ মাজত বৈচিত্র থাকিলেও তাত একেই বস্তুৰ পুনৰাৱৰ্তন পৰিলক্ষিত হয়। প্ৰকৃতিৰ ৰাজ্যত নতুনত্ব একোৱে নাই। আত্মাৰ ৰাজ্যতে এই নতুনত্ব সংঘটিত হৈ আছে। প্রাকৃতিক বিষয়াদিৰ বিকাশ হয় অনায়াসে আৰু বাধাহীনভাবে; কিন্তু আত্মাৰ ৰাজ্যত বিকাশ কেতিয়াও সহজে আৰু নির্বিবাদে হোৱা সম্ভৱ নহয়। আত্মা নিজৰ লগত নিজেই সংগ্ৰামৰত; আত্মাৰ শ্ৰেষ্ঠ অন্তৰায় আত্মা স্বয়ং; আত্মাৰ গৌৰৱ এই অন্তৰায়ক অতিক্ৰম কৰাৰ মাজত। প্ৰকৃতিৰ ৰাজ্যত সেয়া আয়াসসাধ্য হলেও, আত্মাৰ ৰাজ্যত সেয়া সংগ্রাম সাপেক্ষ। প্ৰকৃতিৰ ৰাজ্যত বিকাশ মাথোন বিকাশৰে কাৰণে; কিন্তু আত্মাৰ ৰাজ্যত বিকাশৰ লক্ষ্য আত্মাৰে পৰিপূৰ্ণতা। ইতিহাসৰ আদি অপৰিপূৰ্ণ; কিয়নো এই স্তৰত মানুহৰ ওপৰত প্ৰকৃতিৰ বহুখিনি প্ৰভাৱ থাকে। ইতিহাসৰ পৰৱৰ্ত্তী স্তৰত আত্মা চেতনাৰ অৱস্থাত আহি উপনীত হয়। ইতিহাসৰ আদি অৱস্থাৰ অপৰিপূৰ্ণতাৰ মাজতো পৰিপূৰ্ণতাৰ সম্ভাৱনা থাকি যায়। ফলত এই অপৰিপূৰ্ণতা আৰু পৰিপূৰ্ণতাৰ অবিৰত সংঘৰ্ষ আৰু দ্বন্ধৰ নিবসনৰপৰা নতুন অৱস্থাৰ উদ্ভৱ হৈ আছে।

আইডিয়াৰ ডায়ালেকটিক প্রকৃতিটো কি? আইডিয়া ক্রমাগত নতুন নতুন ৰূপ পৰিগ্ৰহ কৰি অগ্ৰসৰ হয়। পূৰ্বৰ অৱস্থাক অতিক্রম কৰিয়ে আইডিয়াই সঠিক স্থিতি লাভ কৰি আছে। এই স্থিতিটো সদায় পূর্বাপেক্ষা সমৃদ্ধতৰ আৰু অধিকতৰ বাস্তৱ ।

ইতিহাসক কোৱা যাব পাৰে, কালৰ বুকুত আত্মাৰ বিকাশ; প্রকৃতিক কোৱা যাব পাৰে, দেশৰ ওপৰত আত্মাৰ অভিব্যক্তি। প্ৰথমটোত আমি দেখিবলৈ পাও- জাতি, ৰাষ্ট্ৰ আৰু অতীত কীৰ্ত্তিৰ উত্থান ও পতন। কার্থেজ অথবা ৰোমৰ ভগ্নাৱশেষৰ সন্মুখত থিয় হৈ আমি দুখত অভিভূত হ'ব পাৰো; কিন্তু লগে লগে বেলেগ এটি ভাবও জন্মে- পূৰাতনৰ সমাধিৰ পৰাইতো নৱতম জীৱনৰ উন্মেষ হৈছে।

ইতিহাসৰ প্ৰগতিয়ে আত্মাক আত্মালৈয়ে ওভতাই আনে। বীজৰ লগত ইয়াৰ তুলনা হ'ব পাৰে। বৃক্ষৰ আৰম্ভণি বীজৰ পৰা; কিন্তু বীজ আকৌ ইয়াৰ সমগ্ৰ জীৱনৰ ফল। জাতিৰ জীৱনতো কোনো এটা ঘটনা ঘটিলে মুহূর্ত কাল পাছতে সেয়া বিষ হৈ উঠে। এই বিষয়টোক পৰিহাৰ কৰা বা আঁতৰাই পঠিওৱা সম্ভৱ নহয়; কিয়নো ইয়াৰ কাৰণেই যে আত্মাৰ তৃষ্ণা। বিষ গ্ৰহণ কৰিয়ে আত্মাই তাৰ বিনষ্টিক আমন্ত্ৰণ কৰি আনে। কাৰণ এই বিনষ্টিৰ পৰাই আকৌ নৱতম জীৱনৰ উন্মেষ হয় ।

আত্মাৰ ওচৰত অতীত বুলি একোৱে নাই, চিৰন্তন বর্তমানে আত্মাৰ কৰ্মক্ষেত্ৰ ।

 

                                ভাববাদী দর্শন ও ডায়ালেকটিক

ওঠৰ শতিকাৰ বস্তুবাদৰ পাছত জার্মানিত ভাববাদৰ জন্ম হ'ল। ইয়াক সাধাৰণতঃ কোৱা হয় স্পেকুলেটিভ ফিল 'ছফি। হেগেল এই দৰ্শনৰ জন্মদাতা। বস্তুবাদীসকলতকৈ ভাববাদীসকলৰ বিচাৰ পদ্ধতি উন্নত আছিল। বস্তুবাদীসকলে সকলো বস্তুকেই অপৰিৱৰ্ত্তনীয় বুলি ধাৰণা কৰিছিল। এই শ্ৰেণীৰ দাৰ্শনিকে বস্তুৰ পৰিৱৰ্ত্তনক স্বীকাৰ নকৰিয়েই তত্ত্ব নিৰ্মাণ কৰিছিল। কিন্তু যি ভাববাদৰ কথা আমি উল্লেখ কৰিলো সেয়াই বস্তু আৰু তথ্যক বিচাৰ কৰিলে বেলেগ দৃষ্টিত। ভাববাদীসকলে তেওঁলোকৰ বিচাৰত লক্ষ্য ৰাখিছিল বস্তুৰ উদ্ভৱ, বিকাশ আৰু বিনাশৰ ফালে। বস্তুবাদী দার্শনিকসকলে সকলো বস্তুকেই অজড়, অনড় বুলি ভাবিছিল। সকলো বস্তুৰ মাজত যে ৰূপান্তৰৰ সম্ভাৱনা থাকিব পাৰে সেয়া তেওঁলোকে বুজি উঠিবপৰা নাছিল। বস্তুবাদীসকলৰ এই দৃষ্টিভংগী আৰু বিচাৰৰ্নীতি ঊনবিংশ শতিকাৰ শ্ৰেষ্ঠ ভাববাদী দার্শনিক হেগেল সম্পূর্ণভাবে পৰিহাৰ কৰিলে। হেগেল ইয়াৰ বিৰুদ্ধে থিয় কৰালে ডায়ালেকটিক বিচাৰনীতি ।

হেগেল নিজেই কৈছে- ডায়ালেকটিক সম্পর্কে সাধাৰণৰ ধাৰণা, ই বোধহয় যুক্তি তৰ্কৰ এটি কৌশল মাথোন। ডায়ালেকটিক প্রকৃত  পক্ষে বিশ্ব আৰু বিশ্ব ইতিহাসৰ অন্তৰ্নিহিত এটি মূলমন্ত্র। আমাৰ চৌপাশে থকা যিকোনো বিষয় অথবা ঘটনা ডায়ালেকটিকৰ দৃষ্টান্তৰূপে কাম কৰিব পাৰে। গ্ৰহটো এই মুহূর্তে এই স্থানত; কিন্তু পাছমুহূর্তেই স্থানচ্যূত হৈ ইয়াৰ এটা অৱস্থান্তৰ সংঘটিত কৰাৰ সম্ভাৱনা আছে। নৈতিক বিষয়ত দেখা যায়, আমি হয়তোবা ধাৰণা কৰিলো এটি সৎকর্ম কৰিছো; কিন্তু প্রকৃতপক্ষে আমাৰ এই কৰ্মৰ ফলস্বৰূপে জন্ম হৈছে বিৰাট এটি অনিষ্টৰ।

বস্তুবাদীসকলৰ বিচাৰনীতিক মেটাফিজিকেল আৰু ভাববাদীসকলৰ বিচাৰ পদ্ধতিক ডায়ালেকটিকেল আখ্যা দিয়া হৈছে। প্ৰাথমিক গণিত (lower Mathematics)ৰ লগত উচ্চতম গণিত (Higher Mathematics)ৰ যি পাৰ্থক্য, উপৰোক্ত দুই প্ৰকাৰ চিন্তাৰীতিৰ মাজতো অনুৰূপ পার্থক্য বিদ্যমান। নিম্নতম গণিতৰ ভিতৰৰ বিষয়বোৰ এটা আনটোৰপৰা পৃথক। বৃত্ত এটি বৃত্তই; বহুভূজ এটি বহুভূজেই; এইবোৰৰ বেলেগ একোলৈ পৰিৱৰ্ত্তিত হোৱাৰ সম্ভাৱনা থাকিব নোৱাৰে। কিন্তু জ্যামিতিত আমি দেখিবলৈ পাওঁ যে, এটি বহুভূজক বৃত্তলৈ পৰিৱৰ্ত্তিত কৰা যাব পাৰে। গাণিতিক সংজ্ঞা আৰু সূত্ৰসমূহৰ ভিতৰত ইয়াক বিৰাট এটি বিপ্লৱ আখ্যা দিয়া যাব পাৰে। এই বিপ্লৱেই গণিতৰ উচ্চত বিশ্লেষণৰ আৰম্ভণি।

ডিফাৰেসিন্সয়াল কেলকুলাচ(Differential calculus) সম্পর্কে হেগেল কৈছে- ইমান ক্ষুদ্ৰ ৰাশিবোৰকলৈ গণিতৰ কাম যে, এনেকুৱা ধাৰণা হয় যেন ৰাশিবোৰ বোধহয় একেবাৰে নিঃশেষিত হৈ গৈছে। নিঃশেষিত হোৱাৰ আগতো নহয়, আকৌ পাছতো নহয়, এনেকুৱা অৱস্থাতে কেলকুলাচ তাৰ গণণা কাৰ্য কৰে। হেগেল ঘোষণা কৰিলে, এনেকুৱা কোনো বিষয় নাই, যাৰ অৱস্থান্তৰ নহয়; যাৰ অস্তিত্ব আৰু অনস্তিত্বৰ মধ্যৱৰ্ত্তী কোনো অৱস্থা নাই

ভূ-বিদ্যাৰ ভিতৰত যিমানদিনলৈকে এনেকুৱা ধাৰণা আছিল যে, হঠাৎ এটি বিপর্যয় অথবা অপ্রত্যাশিতভাবে প্রলয় সংঘটিত হৈ সকলো বস্তুৰ চেহেৰা সলনি কৰি দিয়ে, সিমানদিনলৈকে তাত মেটাফিজিকেল চিন্তাৰীতিৰে প্ৰাধান্য আছিল। কিন্তু যেতিয়া বোধ জন্মিল যে, ভূতল লাহে লাহে বিকাশ লাভ কৰি কোনো এটা মুহূৰ্তত সম্পূর্ণভাবে ৰূপান্তৰিত হয়. তেতিয়াই ভূ-বিদ্যা ডায়ালেকটিক বিচাৰৰীতিৰ আশ্ৰয় গ্ৰহণ কৰিলে। জীৱবিদ্যা সম্পৰ্কে ধাৰণা আছিল যে, জাতি (Species) অপৰিৱৰ্ত্তনীয়। এয়া মেটাফিজিকেল ধাৰণা। ফৰাচী বস্তুবাদী দার্শনিকসকলে এনেকৈয়ে ভাবিছিল। নব্য জীৱবিদ্যাই এই ধাৰণাটোক সম্পূর্ণভাবে পৰিহাৰ কৰিছে। ডাৰউইনৰ নামত যি বিৱৰ্তনতত্ত্ব প্ৰচাৰিত হৈছে, সেয়া সম্পূর্ণভাবে ডায়ালেকটিক বিচাৰ প্ৰসূত।

বিশ্বৰ সকলো ক্ষেত্ৰতে বিকাশৰ এই ধাৰাটো স্বীকৃতি লাভ কৰিলে ঠিকেই, কিন্তু গণ্ডগোল সৃষ্টি হ'ল এটি প্রশ্নত; ৰূপান্তৰ ধীৰে ধীৰে সংঘটিত হয়, নে ধীৰে ধীৰে অগ্ৰসৰ হৈ এক বিশেষ অৱস্থাত উপনীত হোৱাৰ পাছত পূৰ্বতকৈ সম্পূৰ্ণ বিচ্ছিন্ন এটি বস্তুৰ সৃষ্টি হয় ? যিসকলে বৈপ্লৱিক পৰিৱৰ্ত্তনক স্বীকাৰ নকৰে তেওঁলোকে ঘটনাৰ সংখ্যাত্মক (quantitative) বিকাশ আৰু পৰিৱৰ্ত্তনৰ ওপৰত জোৰ দিলে। এক বিশেষ মুহূৰ্তত যি ঘটনাৰ অৱস্থান্তৰ ঘটে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য নকৰিলে। এওঁলোকৰ মতে ‘Nature makes no leap'. সেয়ে যিসকলে এইদৰে চিন্তা কৰে, তেওঁলোকৰ মতে এটি ঘটনা কেনেকৈ সম্পূৰ্ণ নতুন ঘটনাত ৰূপান্তৰিত হ'ব পাৰে? গতিকে সেয়া সমস্যাই থাকি গ'ল। সংখ্যাত্মক বিকাশৰপৰা গুণাত্মক পৰিৱৰ্ত্তনৰ সম্ভাৱনা বুজি উঠিব নোৱাৰি এওঁলোকৰ চিন্তা আৰু বিচাৰ মেটাফিজিকেল স্তৰতে থাকি গ'ল। এই শ্ৰেণীৰ চিন্তাশীলসকলৰ মতে মাথোন প্রকৃতিতেই নহয়, ইতিহাসত বৈপ্লৱিক পৰিৱৰ্ত্তন বুলি কোনো বস্তু নাই। পক্ষান্তৰে ইতিহাসত বহু প্ৰকাৰ বিপ্লৱ সংঘটিত হৈ গৈছে; কিন্তু এওঁলোকৰ চিন্তাৰ মাজত সহজে কোনো ধৰণৰ পৰিৱৰ্ত্তন আনিব নোৱাৰিলে । পানীক আমি ক্রমান্বয়ে শীতলতৰ কৰিব পাৰোঁ, কিন্তু পানী বৰফলৈ পৰিণত হয় বিশেষ পৰিমাণৰ শীতল অৱস্থাতহে, পানী কেতিয়াও ধীৰে ধীৰে কঠিন অৱস্থালৈ পৰিণত নহয়। পানী যেতিয়া বৰত পৰিণত হয়, তেতিয়া তাৰ শীতলতাৰ পৰিমাণত সংখ্যাত্মক পৰিমাণ সংঘটিত হ'লেও তাৰ কোনো প্ৰকাৰ গুণাত্মক পৰিৱৰ্ত্তন সংঘটিত নহয়।

সামাজিক ঘটনাত ডায়ালেকটিক বিচাৰৰীতিৰ প্ৰয়োগ বিশেষভাবে কার্যকৰী হৈছে। অত্যুক্তি নকৰিও কোৱা যাব পাৰে যে, মানুহৰ ইতিহাসক সূত্র ও নিয়মৰ প্রভাবাধীন দেখিবলৈ আৰু সুবিন্যস্ত আকাৰত বুজিবলৈ আমি সমৰ্থ হৈছে৷ ডায়ালেকটিক বিচাৰৰীতিৰ প্ৰয়োগৰদ্বাৰাহে। বস্তুতন্ত্রী দার্শনিকসকলে সামাজিক ঘটনাদিৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈ নিৰ্ভৰ কৰিছিল কতিপয় মানুহৰ চিন্তা, ইচ্ছা আৰু চেতনাৰ ওপৰত, যেন সমাজৰ সকলো এওঁলোকৰ চিন্তাৰপৰাই উদ্ভূত হয়। কিন্তু ডায়ালেকটিক ভাববাদে সমাজ তথ্যাদিৰ মাজত সংঘটিত আকস্মিকতাৰ(Chance) স্থলত অৱশ্যাম্ভাবিতা(necessity) আৰু কাৰ্যকাৰণৰ সম্পৰ্কক স্বীকাৰ কৰিছে। এনেকুৱা দৃষ্টি নাথাকিলে প্ৰকৃতি আৰু সমাজৰ মাজত আমি দেখিম মাথোন অৰাজকতাৰ ৰাজত্ব ।

চেলিং (Schelling) এজন শ্রেষ্ঠ ভাববাদী। তেওঁ কৈছে- ইতিাহসত দেখা যায় যে, মানুহৰ স্বাধীন ইচ্ছা অৱশ্যম্ভাবিতাৰ সূত্ৰ মানি চলি আছে, আকৌ এই অৱশ্যম্ভাবিতাই পৰিণত হৈ আছে স্বাধীনতাত। এনেকুৱা ধাৰণা জানো বস্তুবাদীসকলৰ ধাৰণাতকৈ উচ্চতৰ নহয়? চেলিঙৰ মনত প্ৰশ্ন উদয় হ, মানুহ যদি সম্পর্ণভাবে স্বাধীনে হ'ব অথবা সচেতন থাকিব, তেনেহ'লে এনেকুৱা বিষয় কেনেকৈ সম্ভৱ হয় যিবোৰ আমি ইচ্ছা নকৰো, কেতিয়াও চিন্তাতো স্থান নিদিও ? হেগেলৰ ওচৰত বিশ্ব ইতিহাস স্বাধীনতাবোধৰ বিকাশৰ বাহিৰে আন একো নহয়; কিন্তু এই বিকাশক অৱশ্যম্ভাবিতাৰ সূত্ৰ মানি লৈয়ে অগ্ৰসৰ হ'ব লগা হয়। চেলিঙৰ দৰে হেগেলও ভাবিলে, মানুহে যিবোৰ ভাবে তাৰ বিপৰীতটোহে ঘটে; অথবা তাৰ নিজৰ স্বাৰ্থ অনুসৰি সি যি কৰ্ম কৰে তাৰপৰা অ-ভাবিত অথবা অনভিপ্রেত ফল জন্মে।

মেটাফিজিকেল চিন্তাৰীতিৰ সাহায্যত যিসকলে বিচাৰ কৰে তেওঁলোকে ঘটনাদিৰ পৰিৱৰ্ত্তন ও ৰূপান্তৰ লক্ষ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোকে সকলো বিষয়কে অজড় অনড় বুলি ধৰি লয়। সেয়ে যেতিয়া তেওঁলোক ঘটনানুক্রম(continnum) অথবা ঘটনা পৰম্পৰাৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ অসুবিধা হয়। ঘটনাটোক বিচ্ছিন্ন ভাবে চোৱাই তেওঁলোকৰ অভ্যাস; সেয়ে দুটা ঘটনাৰ মাজত তেওঁলোকে অনতিক্রম্য ব্যৱধান প্ৰত্যক্ষ কৰে। আনফালে ডায়ালেকটিক ৰীতিত যিসকলৰ চিন্তা পৰিচালিত হয়, তেওঁলোকে বিশ্বৰ কোনো তথ্যকে বিচ্ছিন্নভাবে নাচায়। তেওঁলোকৰ মতে, এটি সচল ঘটনাই সমগ্ৰৰ অংশ, ফলত পৰস্পৰ সংগ্ৰন্থিত। মেটাফিজিকেল চিন্তাত ঘটনা পৰম্পৰা বিশ্লেষণ কৰিবলৈ গৈ পাৰস্পৰিকতাৰ সম্পৰ্কৰ (reciprocity)ওচৰত আশ্ৰয় লয়। শিক্ষাই পৰিৱেশক প্ৰভাৱিত কৰে, পৰিৱেশে আকৌ শিক্ষাক প্ৰভাৱিত কৰে; এই ধৰণৰ চিন্তাতকৈ তেওঁলোক অধিক অগ্ৰসৰ হ'ব নোৱাৰে, আৰু তেনেকৈ গভীৰভাবে ভাবি চাবও নিবিচাৰে। আনহাতে ডায়ালেকটিক ভাববাদে কয়, কোনো এক বিশেষ সামাজিক অৱস্থাত শিক্ষা আৰু পৰিৱেশ দুয়ো তৃতীয় এটি কাৰণ বিশেষৰ কাৰ্য। হেগেল স্পার্টাৰ শাসনতন্ত্ৰৰ কাৰণ নিৰ্ণয় কৰিবলৈ গৈ নিন্মোক্ত ধৰণে কৈছে- স্পার্টানসকলৰ আচাৰ-ব্যৱহাৰক স্পার্টান শাসন কাঠামোৰ কাৰণ বুলি কোৱা আৰু আনহাতে স্পার্টাৰ শাসন কাঠমোকো স্পার্টানসকলৰ আচাৰ-ব্যৱহাৰৰ কাৰণ হিচাপে উল্লেখ কৰা এফালৰপৰা সত্য হ'ব পাৰে; কিন্তু যিহেতু এই দুই সম্পৰ্কৰ বিষয়ে আমাৰ পৰিষ্কাৰ আৰু যথাৰ্থ ধাৰণা নাই, সেয়েহে এই ধৰণৰ চিন্তাৰ ফলাফল কেতিয়াও কাৰ্যকৰী হ'ব নোৱাৰে। আমাৰ বিচাৰ যথাযথ হ'ব তেতিয়া, যেতিয়া আমি স্পর্টানসকলৰ জীৱনৰ বিশেষ বিশেষ দিশবোৰক সমগ্ৰৰ অংশ হিচাপে উপলব্ধি কৰিব পাৰিম। ফৰাচী বস্তুবাদী দার্শনিকসকলে মধ্যযুগক ঘৃণাৰ চকুৰে চোৱাৰ বাহিৰে বেলেগ ধৰণে চোৱা নাই। তেওঁলোকে হেভেচিয়াচ মধ্যযুগৰ ফিউদতন্ত্ৰক মানুহৰ নির্বুদ্ধিতাৰ চূড়ান্ত নিদৰ্শনৰূপে আখ্যায়িত কৰিছে। হেগেলেও মধ্যযুগৰ ফিউদতন্ত্ৰক মানুহৰ নির্বুদ্ধিতাৰ চূড়ান্ত নিদৰ্শনৰূপে আখ্যায়িত কৰিছে। হেগেল মধ্যযুগৰ প্ৰতি কোনো ধৰণৰ প্ৰীতি প্ৰকাশ কৰা নাই সঁচা, কিন্তু মানৱতাৰ বিকাশৰ ক্ষেত্ৰত মধ্যযুগ যে অনিবার্য সেয়া কিন্তু তেওঁ ক'বলৈ পাহৰা নাই। ফিউদতন্ত্ৰৰ অন্তর্দ্বন্ধৰ পৰাই যে নৱযুগৰ জন্ম হৈছে সেয়া তেওঁ স্পষ্টভাবে উল্লেখ কৰিছে। হেগেলৰ ডায়ালেকটিক বিচাৰৰ এটি বিশেষত্ব এয়ে যে, হেগেলৰ দৰ্শনে পূর্বগামী দৰ্শনসমূহক ঘৃণাৰ চকুৰে চাই বিৰুদ্ধাচাৰণ কৰাৰ প্ৰয়োজনবোধ কৰা নাই। কাৰণ তেওঁৰ মতে, দাৰ্শনিক বিকাশৰ বাটত বিভিন্ন মনীষীসকলৰ আৱিষ্কৃত বিভিন্ন তত্ত্ব বিশেষ বিশেষ এটি স্তৰহে মাথোন। প্রত্যেক দৰ্শনৰ ওপৰত আছে যুগ বৈশিষ্ট আৰু লক্ষণৰ ছাপ। যুগধৰ্মক আৰু যুগ বিশেষৰ ভাবাদর্শক অতিক্ৰম কৰি দৰ্শন ৰচনা কৰা সম্ভৱ নহয়। হেগেলে আৰু কৈছে যে, যিকোনো দৰ্শনৰ মাজত তাৰ পূৰ্বৱৰ্ত্তী দৰ্শনসমূহৰ বিষয় আৰু শিক্ষা সন্নিৱেশিত থাকিব লাগিব।

বহু দার্শনিককে দেখা যায়, তেওঁলোকৰ দৰ্শন আলোচনাৰ মাজত তেওঁলোকে নিজা নিজা ধাৰণা অনুযায়ী এটিকৈ utopia(স্বপ্নপুৰী) ৰচনা কৰি থাকে । আমাৰ দেশৰ ৰাষ্ট্ৰনীতিত এয়াই ৰামৰাজত্ব' আখ্যা পাইছে। ডায়ালেকটিক ভাববাদ ৰামৰাজত্ব নিৰ্মাণৰ পৰিকল্পনা বিৰোধী। হেগেলৰ মতে ৰাষ্ট্ৰ এক সমগ্ৰসমষ্টিএনেকুৱা সত্ত্বাৰ অন্তবর্তী কোনো বিষয়কে আমি পৃথক কৰিব নোৱাৰো। সেয়ে সমাজ জীৱনৰ অন্যান্য বিষয়ক আঁতৰাই পঠাই ৰাষ্ট্ৰ গঠন সম্পর্কে স্বতন্ত্র কল্পনা অলীক। কেতিয়া কি ধৰণৰ ৰাষ্ট্ৰ গঠন হ'ব সেয়া নিৰ্ভৰ কৰিব জাতীয় সমষ্টিগত সমগ্ৰ জীৱন কেনেকুৱা অৱস্থাত আহি উপনীত হৈছে তাৰ ওপৰতহে । সমগ্র সত্ত্বা কেনেকুৱা সূত্ৰৰ দ্বাৰা নিয়ন্ত্রিত হয় সেয়া আৱিষ্কাৰ কৰাই ডায়ালেকটিক ভাবধাৰাৰ প্ৰচেষ্টা। কিন্তু হেগেল দৰ্শনৰ এই প্ৰচেষ্টা সফল হৈছে জানো? এই দর্শনটোৱে মানুহৰ চিন্তাক সংশয় ও অস্পষ্টতাৰপৰা বহুখিনি মুক্ত কৰিছে ঠিকেই; কিন্তু মানুহৰ জ্ঞান ভাণ্ডাৰত সামান্যতম সঞ্চয় ৰাখিয়ে এই দৰ্শন নিঃশেষিত হৈছে। হেগেল নিজেই কৈছে, সকলো সসীম (finite) বস্তুই নিজৰ নিৰসনক মাতি আনি বিপৰীত ৰূপ পৰিগ্ৰহ কৰে। হেগেলৰ এই উক্তি প্ৰমাণ কৰিবলৈ গৈয়ে হেগেলীয় দৰ্শনৰ মৃত্যু ঘটিল নেকি! হেগেলৰ মৃত্যুৰ দহ বছৰ পাছতেই বস্তুতন্ত্র নতুন ৰূপত প্ৰক্‌টিত হৈ বিশ্ব ইতিহাসৰ যথাৰ্থ মূলসূত্ৰটো আৱিষ্কাৰৰ প্ৰচেষ্টাত জয়যুক্ত হ'ল।

সামান্যতম বস্তুনিষ্ঠ চিন্তাৰ সন্মুখতে হেগেলৰ চৰম প্ৰজ্ঞা(Absolute reason) নিষ্প্রভ ও ম্রিয়মান হৈ উঠে। কাৰণ এনেকুৱা প্ৰজ্ঞা সম্পূর্ণ বিয়োজন (Abstractoin)ৰ বাহিৰে বেলেগ কোনো ৰূপত প্ৰতিভাত হ'ব নোৱাৰে, সেয়ে ই প্ৰকৃতি আৰু ইতিহাসৰ তথ্যাদিৰ অৰ্থ প্ৰকাশত অপাৰগ হৈ বেলেগ সূত্ৰৰ ওচৰত নিজৰেই অর্থ-বিচাৰৰ বাবে তৎপৰ হয়।

সহজ কথাত, আমি যি পদ্ধতিত চিন্তা আৰু বিচাৰ কৰো হেগেলৰ ওচৰত সেয়াই মূৰ্ত হৈ চৰম প্ৰজ্ঞাৰ আখ্যা পাইছে। বিশ্ব ও সমাজৰ অর্থ-বিচাৰৰ কাৰণে যিসকলে হেগেল কথিত চৰম প্ৰজ্ঞাৰ শৰণাপন্ন হয় তেওঁলোকেই বস্তুৰ জগত এৰি অলীক ছাঁক আঁকোৱালি থাকে। জার্মানিৰ ভাববাদীসকলে সেয়াই কৰিছিল।

হেগেলৰ চৰম প্ৰজ্ঞা সম্পর্কে মার্কস-এঙ্গেলচ নিন্মোক্ত ধৰণে সমালোচনা কৰিছিল। ধৰা যাওঁক, তিনিটা বিভিন্ন ফল- আম, লিচু, আতলচ। এইবোৰ ভিন্‌ ভিন্‌ ফল হলেও, এইবোৰৰ ভিতৰত বিশিষ্ট এটি ধৰ্মৰ সমৰূপতা ৰৈ আছে। এই সাৰূপ্যৰ কাৰণে এই তিনিটাক এটা জাতিত পৰিণত কৰি এইবোৰক সাধাৰণ ভাবে ফলআখ্যা দিয়া যাব পাৰে। স্মৰণ ৰাখিব লাগিব, আম, লিচু, আতলচ যথার্থ সত্ত্বা-বিশিষ্ট; ফল মাথোন মানুহৰ চিন্তা প্রসূত এটি ধাৰণা। ভাববাদীসকলে ক', ফলেই যথাৰ্থ সত্ত্বা-বিশিষ্ট আৰু ই আম, লিচু, আতলচৰ সাৰৱৰ্ত্তা। আম, লিচু, আতলচৰ কাৰণে তাৰ নিজৰ ইন্দ্ৰিয়-গ্ৰাহ্য বাস্তৱ অস্তিত্বৰ কোনো মূল্য নাই; এইবোৰৰ প্ৰকৃত মূল্য আমাৰ কল্পনা-প্রসূত ফলটোৰ ভিতৰতহে। এই ফলৰেই বিভিন্ন ৰূপ বিশেষ বিশেষ ফলবোৰ। পৃথক পৃথক ফলবোৰৰ বিভিন্নতা থাকিলেও ভাববাদী বুদ্ধিৰ ওচৰত সেয়া নিতান্ত অকিঞ্চিতকৰ আৰু উপেক্ষণীয়; ভাববাদীৰ ওচৰত এইবোৰৰ অভেদ আৰু একত্বহে দ্রষ্টব্য। ভাববাদীসকলে আমৰ ভিতৰত যি উপাদান প্রত্যক্ষ কৰে, লিচু আতলচৰ ভিতৰতো সেয়াই প্রত্যক্ষ কৰে। আমাৰ ইন্দ্ৰিয়ৰ সন্মুখত যিবোৰ যথাৰ্থ ফল ৰূপে বর্তমান, ভাববাদীৰ ওচৰত সেইবোৰ মাত্ৰ প্ৰকৃত সত্ত্বাৰ বাহ্যৰূপ

স্পেকুলেটিভ ফিলচফিয়ে আৰু কৈছে যে, চৰম সত্ত্বা সত্য ঠিকেই; কিন্তু চৰমসত্ত্বা ৰূপেই ই সমগ্ৰ সত্য নহয়; ই যেনেকৈ স্বয়ংম্ভূত, তেনেকৈ ই নিজে নিজেই সক্ৰিয় আৰু সজীৱ এইদৰে চৰমসত্ত্বাক উপলব্ধি কৰিব লাগিব। এতিয়া প্রশ্ন উঠিব, তেনেহ'লে কেনেকৈ ই এটা সময়ত আম, এটা সময়ত লিচু আৰু বেলেগ সময়ত আতলচ ৰূপে প্রকটিত হ'? স্পেকুলেটিভ দৰ্শনৰ ওচৰত অভেদ আৰু একত্বই সত্য; তেনেহ'লে এই বৈচিত্ৰ সম্ভৱ হ'ল কেনেকৈ? ভাববাদীসকলৰ কাৰণে উত্তৰ অতি সহজ। ফলৰূপ আচল সত্ত্বাটো কেতিয়াও নিৰ্জীৱ নহয়; ই যেনেকৈ সক্রিয়. তেনেকৈ বিচিত্র ধর্ম বিশিষ্ট। বিভিন্ন ফল আচল সত্ত্বাৰ নিকৃষ্টৰূপ, বিভিন্ন অৱয়ব মাথোন। ই এটা সময়ত গ্ৰহণ কৰিছে আমৰ ৰূপ, আকৌ বেলেগ এটা সময়ত লিচু।

মার্কস-এঙ্গেলচ্ এনে ধৰণৰ যুক্তি সম্পৰ্কে কৈছে, খ্ৰীষ্টধর্মই জানে ঈশ্বৰৰ অৱতাৰ এজন; কিন্তু স্পেকুলেটিভ ফিল'চফি অনুসৰি যিমানবোৰ বস্তু সিমানবোৰ অৱতাৰ। হেগেলে কৈছে, ‘real is rational' যি প্ৰজ্ঞা সন্মত সেয়াই সত্য। কিন্তু প্রকৃতপক্ষে যিবোৰ অস্তিত্ব যুক্ত আৰু বাস্তৱ সেয়াই যথার্থ। বস্তুক, বিষয়ক—- স্পষ্টভাবে ধাৰণা কৰাৰ কাৰণে মানুহে তাৰ অৰ্থ-বিচাৰ কৰে আৰু বিয়োজনৰীতিৰ প্রয়োগদ্বাৰা একে জাতীয় বিভিন্ন বস্তুৰ সাৰূপ্য নির্ণয় কৰে। হেগেল নিজেই কৈছে, মানুহৰ চিন্তাই কাৰ্য কৰে sensuos to sensible পর্যন্ত; অথচ এই প্ৰক্ৰিয়াৰ শেষ ফলাফলখিনিক তেওঁ আচল সত্ত্বাৰূপে থিয় কৰাবলৈ চেষ্টা কৰিছে। বিয়োজনমূলক চিন্তাৰ অৰ্থই হ'ল বস্তু এটাক ভালদৰে উপলব্ধি কৰা, আচল সত্ত্বাক বিচাৰি উলিওৱা নহয় ।

হেগেলপন্থী ভাববাদীসকলে ধাৰণা কৰে, বিজ্ঞানৰ গভীৰ সমস্যাসমূহ নিৰাকৰণ সম্ভৱ হ'ব পাৰে একমাত্ৰ প্ৰজ্ঞা অথবা আত্মাৰ (spirit) সাহায্যদ্বাৰা, কিন্তু বিজ্ঞানৰ ৰাজ্যত প্রজ্ঞাৰ প্ৰক্ষেপ সম্পূর্ণই নিৰৰ্থক । দার্শনিক চেলিং প্রাকৃতিক বিজ্ঞান সম্পর্কে যথেষ্ট জ্ঞানসম্পন্ন আছিল। কিন্তু তথাপিও তেওঁৰ ওচৰত এই বাস্তৱ বিশ্বখন আইডিয়াৰ প্ৰকাশৰ বাহিৰে আন একো নাছিল । তেওঁ ক'লে, মেগনিটিজম এটি সাধাৰণ অনুপ্ৰেৰণাৰ কাৰ্য (a general act of inspiration), ই বহুৰ ভিতৰত একৰ প্ৰৱেশ; বৈচিত্ৰৰ জগতত প্ৰজ্ঞাৰ প্ৰকাশ; বিষয়টোৰ (subject) বিষয়ে (object) পৰিণতি। হয়তো এনেকৈ কোৱাত স্ব-বিৰোধী উক্তি একোৱে নাই, কিন্তু এয়াই জানো মেগনিটিজম তত্ত্বটোক বুজাৰ কাৰণে সামান্যতম সুবিধা কৰি দিব পাৰিছে? এই ধৰণৰ যুক্তিয়ে আমাৰ চিন্তাক সত্যৰ ফালে বিন্দুমাত্ৰ অগ্ৰসৰতো কৰিব পৰাই নাই, বৰং আমাৰ মনত বাস্তৱ সত্য সম্পর্কে সংশয় আৰু সন্দিগ্ধতাহে জন্মাইছে।

মানব সমাজৰ ঐতিহাসিক বিকাশৰ ওপৰত ভৌগোলিক প্ৰভাৱ সম্বন্ধে হেগেল মৌলিক আলোচনা কৰিছে; জাতি সত্ত্বা বাস্তৱ, মুক্ত আৰু স্বাধীন; কিন্তু জাতিৰ ভৌগোলিক পৰিৱেশৰ ছাপ আত্মাৰ ওপৰত থাকিবই লাগিব; এনেকুৱা উক্তিৰদ্বাৰা কিবা ব্যাখ্যা হ'ল জানো? স্পার্টাৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিবলৈ গৈ হেগেল কৈছে- স্পার্টানসকলৰ আচাৰ ব্যৱহাৰ আৰু ৰাষ্ট্ৰ গঠন প্ৰজ্ঞাৰ বিকাশৰে কিছুমান স্তৰ মাথোন। এনেকুৱা উক্তিৰদ্বাৰা স্পার্টাৰ ইতিহাস কিমানদূৰ আমাৰ বোধগম্য হ'? হেগেল নিজেও সম্ভৱতঃ ছাঁৰ ওপৰত নিৰ্ভৰ কৰি থকাটো যুক্তিসংগত হয়নে নহয় সেয়া ধাৰণা কৰি উঠিবপৰা নাছিল। সেয়ে হেগেল বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণে তেওঁৰ যুক্তিক দৃঢ় বুনিয়াদৰ ওপৰত থিয় কৰাবলৈ চেষ্টা কৰিছে। এঠাইত তেওঁ জোৰ দি কৈছে, লেকিডিমোনিয়াৰ পতনৰ প্ৰধান কাৰণ ধন বণ্টনৰ অসমতা। lacedaemonia fell... chief as the result of the inequality of property. সত্যৰ ওপৰত প্ৰতিষ্ঠিত এই উক্তিৰ পশ্চাতত সামান্যতম অলীক ভাববাদ লুক্কায়িত নাই।

ধৰা যাওঁক, এজন বৈজ্ঞানিকে শৰীৰতত্ত্বৰ সূত্ৰৰদ্বাৰা জীৱ-জন্তুৰ চলৎশক্তিৰ কাৰণবোৰ স্পষ্টভাবে বুজাই দিলে। বৈজ্ঞানিকভাবে এইদৰে কোৱাৰ পাছত তেওঁ যদি পাছত আৰু কয় যে, জীৱ-জন্তু খোজকাঢ়ি যোৱাৰ সময়ত যিটো ছাঁ তাৰ লগে লগে যায় সেয়াই হল চলৎশক্তিৰ আঁৰৰ মূল কাৰণ অথবা পৰম শক্তি, তেনেহ'লে এই যুক্তি নিত্যান্ত অবান্তৰ আৰু অদ্ভুত শুনা নাযাবনে বাৰু? সামাজিক বিষয় সম্পর্কে বাস্তৱ আৰু বৈজ্ঞানিক বিচাৰ কৰি অৱশেষত যদি কোৱা হয়- আত্মাই হ'ল মূল কাৰণ তেনেহ'লে সেয়াও উপৰোক্ত যুক্তিৰ দৰে উদ্ভট হৈ নুঠিব জানো?

গ্রীক দার্শনিক এপিকুৰাচে বিশ্বৰ ফাঁকে ফাঁকে তেওঁৰ কল্পিত দেৱতাসকলৰ অৱস্থানৰ কাৰণে স্থান কৰি দিছিল; অৱশ্যে তেওঁ ইয়াকো ক'বলৈ পাহৰা নাই যে, এই দেৱতাসকলৰ লগত বিশ্বৰ কোনো সম্পর্ক নাই। খাঁটি ভাববাদীয়ে আত্মা আৰু বস্তুক সম্পূর্ণ দুটা বিচ্ছিন্ন সত্ত্বাৰূপেই কল্পনা কৰে; হেগেল দৰ্শনৰ এনেকুৱা কোনো দ্বৈতমূলক সংস্কাৰ নাছিল। হেগেল বস্তুকেই প্ৰজ্ঞাৰ বেলেগ অস্তিত্বৰূপে (other being) দেখুৱাইছে। ৰবাৰ্ট ফিণ্টে হেগেল দর্শন সম্পর্কে উল্লেখ কৰিছে যে, ভাববাদী দৰ্শনৰ বিভিন্ন শাখাৰ ভিতৰত হেগেলৰ দৰ্শনেই সবাতোকৈ বিশদ যদিও বস্তুবাদৰ সন্মুখত হেগেলৰ দৰ্শন অত্যন্ত দুৰ্বল অন্তৰায়; কিয়নো আত্মাৰ নিৰৰ্থক প্রক্ষেপক বাদ দিলে দেখা যাব যে, হেগেলৰ দৰ্শন বস্তুবাদৰ ভিত্তিৰ ওপৰতে থিয় হৈ আছে।

হেগেল দৰ্শনৰ মাৰ্কসে দুটা ত্রুটি দেখুৱাইছে। হেগেলে কয়, চৰম-প্ৰজ্ঞাৰ আত্মজ্ঞান (Self conciousness) জন্ম গ্ৰহণ কৰে দৰ্শনৰ ভিতৰত। যদি সেয়াই হয়, তেনেহ'লে যিজন দার্শনিকে দর্শন ৰচনা কৰি আছে তেওঁ নিজেইতো চৰম-প্ৰজ্ঞা। দ্বিতীয়তে ইতিহাস যদি চৰম-প্ৰজ্ঞাৰে সৃষ্টি হয়, আৰু এই চৰম-প্ৰজ্ঞা দৰ্শনৰ মাজত সচেতন হয়, তেনেহ'লে দার্শনিকৰ মতামতৰ ওপৰতে ইতিহাস-ৰচনা নিৰ্ভৰ নকৰে জানো?

 

                 মার্কসৰ সমাজ-তত্ত্ব

ওঠৰ শতিকাৰ ফৰাচী বস্তুতন্ত্ৰীসকলৰ মত আছিল, সমাজক নিয়ন্ত্ৰণ আৰু শাসন কৰে জনমত (public opinion); এই জনমত সমাজ-পৰিৱেশৰ সৃষ্ট, ইয়াৰ প্ৰকাশ হয় ৰাষ্ট্ৰ-বিধিৰ মাজেৰে। ঊনবিংশ শতিকাৰ প্ৰথম ভাগৰপৰাই এই মত বৰ্জিত হ'বলৈ ধৰে।

বিখ্যাত ঐতিহাসিক Guizot এ ক'লে, অধিকাংশ লেখকে সমাজৰ বিকাশৰ মূল ৰাষ্ট্রনৈতিক প্রতিষ্ঠানবোৰৰ মাজত বিচাৰি উলিয়াইছে। আচলতে এইবোৰক বিচাৰৰ মূল বিষয় হিচাপে নলৈ প্ৰথমতে সমাজক বুজিবলৈ চেষ্টা কৰিলেই তেওঁলোকৰ কাৰণে বুদ্ধিমানৰ কাম হ'লহেঁতেন। তেওঁ ইয়াকো কৈছে, ৰাষ্ট্ৰ-প্ৰতিষ্ঠানবোৰে কাৰণ হিচাপে কাৰ্য কৰাৰ আগতে বেলেগ কিছুমান কাৰণৰপৰা এই প্রতিষ্ঠানবোৰৰ উদ্ভৱ হৈছে। সমাজক এই প্রতিষ্ঠানবোৰে নিয়ন্ত্ৰণ কৰে ঠিকেই; কিন্তু সমাজেই এই প্রতিষ্ঠানবোৰক জন্ম দিছে। ঐতিহাসিকসকলৰ দৃষ্টি সৰ্বপ্ৰথম আকৰ্ষণ কৰে সমাজৰ বিভিন্ন পৰিৱৰ্ত্তন, স্তৰ আৰু অৱস্থাসমূহে, কিয়নো বিভিন্ন লোকৰ আৰু শ্ৰেণীৰ পৰস্পৰৰ সম্বন্ধ নিৰ্দ্ধাৰিত হয় এইসমূহ পৰিৱৰ্ত্তনৰ দ্বাৰা । সেয়ে ৰাষ্ট্ৰই কেনেকৈ শাসন কাৰ্য পৰিচালনা কৰে, তাক বুজিবলৈ হ'লে আগতে বুজিব লাগিব সমাজৰ মানুহবিলাকে কিদৰে জীৱন যাপন কৰে ৷

Guizot এ আৰু কিছুদূৰ অগ্ৰসৰ হৈ ক'লে, আধুনিক জাতিবোৰৰ জীৱনত দেখা যায়, মাটি সম্পর্কিত বিষয়ৰ লগত মানুহৰ জীৱন অত্যন্ত ঘনিষ্টভাবে জড়িত। ফলত জাতিৰ ৰাজনৈতিক জীৱন সম্পৰ্কে গৱেষণাৰ আগত মাটি-সম্বন্ধীয় আলোচনাই প্রথম কৰ্ত্তব্য হ'ব লাগে। Guizot এ এই দৃষ্টিৰ সাহায্যত Merovingian আৰু Carlovingian-সকলৰ সময়ৰ ফৰাচী ইতিহাস লেখিছে। আৰু কিছুদূৰ অগ্ৰসৰ হৈ ইংল্যাণ্ডৰ বিপ্লৱ সম্পৰ্কে তেওঁ লেখিছে, এই বিপ্লৱ আধুনিক সমাজৰ বিভিন্ন শ্রেণীবোৰৰ সংঘৰ্ষৰে এটি চিত্র। তেতিয়াৰপৰা Guizot এ মাটি-সম্পৰ্কৰ (land relations) ঠাইত বিত্ত-সম্পর্ককে(property relations) ৰাজনৈতিক আন্দোলন আৰু বিপ্লৱৰ মূলভূত কাৰণ হিচাপে দাঙি ধৰিলে।

Augustin Thierry-ও একে মতত আহি উপনীত হ'ল। ইংল্যাণ্ড আৰু ফৰাচীৰ ইতিহাস আলোচনা কৰোঁতে তেওঁ দেখুৱাইছে, ৰাষ্ট্ৰনৈতিক বিকাশৰ মূল কাৰণ সামাজিক বিকাশ । এই কাৰণটো সাধাৰণতঃ লোক-চক্ষুৰ অন্তৰালতেই লুক্কায়িত থাকে। ফৰাচী বস্তুতন্ত্ৰীসকলৰ দৰে তেওঁ কোৱা নাই যে, জনমতেই জগতখনক পৰিচালনা কৰি আছে। তেওঁ জনমত সংজ্ঞা এইদৰে দিছে- জনমত শ্ৰেণী স্বাৰ্থৰেই প্ৰকাশ আৰু স্ফূৰণ। চাৰ্লচ প্ৰথমৰ বিৰুদ্ধে ইংল্যাণ্ডত সংঘটিত পার্লামেন্টৰ সংগ্রাম সম্পর্কে Thierry এ খুব বিশেষত্ব-পূর্ণ আলোচনা কৰিছে। বিবাদমান দুই দলৰ মাজত এদলৰ লক্ষ্য আছিল ৰাষ্ট্ৰৰ ক্ষমতা হস্তগত আৰু বিলাস-সম্ভোগ; আনটো দলৰ আদৰ্শ আছিল স্বাধীনতা অর্জন আৰু শৰীৰিক শ্ৰমদ্বাৰা উৎপাদন। ৰজাৰ পক্ষত যোগ দিলে বিলাস আৰু সম্ভোগৰ বাহিৰে যিসকলৰ জীৱনত বেলেগ কোনো বিষয়ে ভবাৰ প্রয়োজন নাছিল। উৎপাদনৰ লগত যিসকলৰ সম্বন্ধ আছিল তেওঁলোকে কমন(Common)আখ্যা পালে। স্বার্থলৈয়ে এই দুই দলৰ মাজত সংগ্ৰাম সংঘটিত হৈছিল। ৰজাৰ বিপক্ষে যিসকলে যুদ্ধ কৰিছিল ধৰ্ম বিশ্বাসৰ ফালৰপৰা তেওঁলোক প্ৰিচবিটেৰিয়ান' শ্ৰেণীভূক্ত আছিল। এওঁলোকে ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ যুঁৱলি কান্ধতলৈ ফুৰিবলৈ অনিচ্ছুক আছিল। আনটো দল অৰ্থাৎ ৰজাৰ পক্ষত থকা দলটো ধৰ্ম-বিশ্বাসৰ ফালৰপৰা এপিকোপেলিয়ান' আছিল। অর্থাৎ ধৰ্ম-কার্যত এওঁলোকে কতিপয়ৰ কৰ্তৃত্ব আৰু ধৰ্মৰ নামত টেক্স আদায়ৰ সুযোগ বিচাৰিছিল ।

বাহ্যতঃ ধাৰণা হয়, Thierry বোধহয় সকলো কথা পৰিষ্কাৰভাবেই কৈছে, কিন্তু বস্তুতঃ সেয়া নহয়। কোন সূত্ৰ অনুসৰি শ্ৰেণীস্বার্থ বিশেষ এটি ৰূপ পৰিগ্ৰহ কৰে সেয়া তেওঁ কোৱা নাই। কি কাৰণত সমাজত বিভিন্ন শ্রেণীৰ জন্ম হয়, সেই সম্পৰ্কে তেওঁৰ ওচৰৰপৰা আমি কোনো নির্দেশ পোৱা নাই ।

Guizot আৰু Thierry -ৰ পাছত ইতিহাস প্রসিদ্ধ Mignet আহিল। কিন্তু তেৱোঁ বেছিদূৰ অগ্ৰসৰ হ'বপৰা নাই। অৱশ্যে এওঁলোকৰ আটায়ে এইখিনি ধাৰণা কৰিব পাৰিছিল যে, সমাজ বিকাশৰ মূলতত্ত্বটোক অৰ্থনৈতিক বিষয়ৰ মাজতেই বিচাৰিব লাগিব। ফৰাচী বিপ্লৱ আছিল বুৰ্জোৱা অভিজাতৰ স্বাৰ্থৰ সংগ্রাম; এই সংগ্ৰামৰ পাছত ঐতিহাসিকসকলে এইখিনি ধাৰণা কৰা মুঠেই আশ্চৰ্যৰ বিষয় নহয়। ফৰাচী- বিপ্লৱৰ পাছত ‘Restoration' যুগৰ ঐতিহাসিকসকলে বিনাদ্বিধাই অতি সহজেই শ্রেণী সংঘৰ্ষ' কথাটো ব্যৱহাৰ কৰিছিল। মাথোন ব্যৱহাৰ কৰাই নহয় থিওৰিটোৰ প্ৰতি তেওঁলোকৰ যথেষ্ট সহানুভূতিও আছিল। সেই সময়ত তেওঁলোকৰ ৰক্ত আৰু ৰক্তপাত ভয় বৰ বেছি নাছিল। Thierry- তেওঁৰ ফৰাচী বিপ্লৱৰ ইতিহাসত পৰিষ্কাৰভাবেই ঘোষণা কৰিছে- So I repeat. War ie revolution, was essential. God gave just icemen only at the price of struggle' মধ্যবিত্ত শ্রেণীয়ে যিমানদিনলৈকে অভিজাতবৰ্গৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্রাম সমাধা কৰিবপৰা নাছিল, তেতিয়ালৈকে ঐতিহাসিকসকল শ্রেণীস্বাৰ্থক সমৰ্থন কৰি বিপ্লৱী মনোবৃত্তিৰ পৰিচয় দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। অৱশ্যে পৰৱৰ্ত্তী যুগত বুৰ্জোৱা বনাম প্রলেতাৰিয়েত সংগ্রাম যেতিয়া আত্মপ্রকাশ কৰি তীব্ৰৰূপ ধাৰণ কৰিছিল তেতিয়া আকৌ তেওঁলোকে শ্রেণীসংঘর্ষ তত্ত্বটোক অত্যন্ত সংকীৰ্ণ বুলি প্ৰমাণিত আৰু প্ৰচাৰ কৰিবলৈও বিন্দুমাত্র কুণ্ঠিত হোৱা নাছিল।

হেগেল সম্ভৱতঃ অনিচ্ছাসত্ত্বেও এই অপ্ৰতিৰোধ্য সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছিল যে, জাতিৰ ভাগ্য নিৰ্দ্ধাৰিত হয় বিত্ত- সম্পৰ্কৰ দ্বাৰা।‘Restoration' যুগৰ ফৰাচী ঐতিহাসিকসকলেও এয়াই কৰিছিল। কিন্তু ভাববাদী দার্শনিক অথবা বস্তুবাদী ঐতিহাসিক, কোনোৱে আচল সত্যটো উদ্‌ঘাটন কৰিবপৰা নাছিল। সমাজৰ বিশিষ্ট গঠন অথবা বিত্তৰ বিশেষ বিশেষ ৰূপ কিহৰ ওপৰত নিৰ্ভৰ কৰে যিমানদিনলৈকে এই সমস্যাটো অমীমাংসিত হৈ আছিল, সিমানদিনলৈকে তেওঁলোকে সোল্লাসে আৰু সহজে ক'ব পাৰিছিল- প্রাকৃতিক বিজ্ঞানসমূহ যথার্থ বিজ্ঞান, সমাজ-বিজ্ঞান নিৰ্ভৰযোগ্য নহয়।

এই আলোচনাৰপৰা দেখা গ', মার্কসৰ আৰু ডায়ালেকটিকেল বস্তুবাদৰ পথ পূৰ্বৰপৰাই পৰিষ্কৃত। মার্কস তেওঁৰ প্ৰসিদ্ধ গ্রন্থ ক্রিটিক(critique of Political economy) সমাজ ও ইতিহাসৰ মূল সূত্ৰটো বিশদভাবে আৰু স্পষ্টাক্ষৰে বৰ্ণনা কৰিছে।

সামাজিক উৎপাদনৰ ভিতৰত যোগদান কৰি মানুহক নির্দিষ্ট কিছুমান সম্পৰ্কৰ ভিতৰত সোমাব লগা হয় । এয়া তেওঁৰ পক্ষে অনিবার্য, কাৰণ এনেকুৱা ঘটনা যেতিয়া সংঘটিত হয়, যেহেতু তেওঁৰ মত অপেক্ষা কৰি সংঘটিত নহয়। উৎপাদনৰ এই সম্পৰ্কবোৰ উৎপাদন শক্তিৰ বিকাশৰ নিৰ্দিষ্ট স্তৰৰ লগত সংগতি ৰক্ষা কৰি চলে। উৎপাদনৰ ভিতৰত এই সম্পৰ্কবোৰৰ সমষ্টিয়ে হ'ল সমাজৰ অৰ্থনৈতিক গঠন। এইবোৰেই আকৌ ৰাষ্ট্ৰ সম্পর্কিত বিধি-ব্যৱস্থাবোৰৰ ভিত্তি। মানুহৰ সামাজিক চেতনাৰ (Social conciousness) বিভিন্নৰূপও ইয়াৰ লগত সংগতি ৰক্ষা কৰি বিকশিত হয়।

উৎপাদনৰ সম্পৰ্ক, এই শব্দটোৰ অৰ্থ কি ? ব্যৱহাৰিক শাস্ত্ৰত ইয়াক কোৱা হয় বিত্ত সম্পর্ক (Property relation) Guizot আৰু হেগেলে এই বিত্ত সম্পৰ্ক সম্বন্ধেই ইংগিত কৰিছিল। এই বিত্ত-সম্পর্ক কেনেকৈ সঞ্জাত হয় মার্কস তাকেই বর্ণণা কৰিছে। মানুহ সামাজিক জীৱ; সমাজৰ বিভিন্ন শক্তিৰ প্রভাৱতে যে সি বৰ্দ্ধিত হয় এয়া ফৰাচী ঐতিহাসিক আৰু জাৰ্মান ভাববাদী উভয়েই জানিছিল। কিন্তু সামাজিক শক্তিবোৰ যে মানুহৰ সামাজিক অস্তিত্বৰেই (Social Existence) যাৱতীয় বিষয় সেয়া তেওঁলোকৰ চকুতপৰা নাছিল। সমাজৰ বিকাশ নিয়ন্ত্রিত হব উৎপাদন শক্তিৰ (Productive forces) বিকাশৰদ্বাৰা ইতিহাস সম্পৰ্কে মার্কসৰ এই ধাৰণাক পণ্ডিতশ্রেণীয়ে সংকীৰ্ণ আৰু একদেশদর্শী আখ্যা দি থাকে । কিন্তু তেওঁলোকে লক্ষ্য নকৰে যে, পূর্বতন ঐতিহাসিক ধাৰণা আৰু সূত্ৰবোৰৰে পৰিণতি মার্কস-তত্ত্ব। সেইবোৰ ধাৰণা আৰু সূত্ৰৰ ভিতৰত যিবোৰ যথাৰ্থ মূল্য ৰৈ আছে সেয়াই মার্কস-তত্ত্বত সন্নিৱিষ্ট হৈছে আৰু মার্কস-তত্ত্বতেই এইবোৰে সুদৃঢ় ভিত্তি লাভ কৰিছে। সেয়েহে হেগেলৰ ভাষা ধাৰ কৰি কোৱা যাব পাৰে, মার্কস-তত্ত্ব ইতিহাসৰ প্ৰশস্ত আৰু পৰিপূৰ্ণ অর্থ-বিচাৰ

ওঠৰ শতিকাৰ দাৰ্শনিকসকলে বাৰংবাৰ কৈছে- মনুষ্য-ইতিহাসৰ মূল কথা মানুহৰ স্বভাৱজাত প্রকৃতি' (Human nature)যিমানবোৰ ৰামৰাজ্যৰ(Utopia) পৰিকল্পনা তেওঁলোকে ৰচনা কৰিছে সেইবোৰৰ প্ৰতিটোৰে পশ্চাতত মানুহৰ এই স্বভাৱজাত প্ৰকৃতিৰ ধাৰণা ৰৈ আছে। মাথোন ওঠৰ শতিকাৰ দাৰ্শনিকসকলেই নহয়, যিসকল ঐতিহাসিকৰ কথা আমি উল্লেখ কৰিছো, তেওঁলোকেও এই মনুষ্য প্ৰকৃতিৰ হাতৰপৰা নিষ্কৃতি পোৱা নাই। কিন্তু আশ্চৰ্যৰ বিষয় যে, এই মনুষ্য প্ৰকৃতিৰ দোহাই দি এদলে উপসংহাৰ টানিছে আৰু আনটো দলে আকৌ ইয়াৰ সম্পূৰ্ণ বিপৰীত কাৰ্য কৰিছে।

আমি সকলো সময়তে দেখিবলৈ পাওঁ যে, মনুষ্য-প্ৰকৃতিৰ পৰিৱৰ্ত্তন হৈ আছে। কিন্তু যিসকলে মনুষ্য-প্ৰকৃতিৰ দোহাই দি সামাজিক বিষয় আৰু ঘটনাসমূহক ব্যাখ্যা কৰিব বিচাৰে, তেওঁলোকে ইয়াক অপৰিৱৰ্ত্তনীয় বুলি ধৰি লয়। কিন্তু যি অপৰিৱৰ্ত্তনীয় তাৰদ্বাৰা কেনেকৈ পৰিৱৰ্ত্তনশীল সমাজৰ ব্যাখ্যা সম্ভৱ হ'ব পাৰে? মনুষ্য-প্রকৃতি যে পৰিৱৰ্ত্তন-সাপেক্ষ, জার্মান ভাববাদীসকলে সেয়া পূৰ্বতে ধৰি লৈছিল; এই পৰিৱৰ্ত্তনৰ মূল যে মনুষ্য মনৰ বর্হিভূত এটি সত্য, এয়াও তেওঁলোকে ধাৰণা কৰিব পাৰিছিল। কিন্তু তেওঁলোকৰ এই সত্যটো আছিল অনন্তপ্রজ্ঞা। মার্কসতত্ত্বই এই আটাইবোৰকে অসাৰ কৰি কৈছে, - প্ৰকৃতিৰ ওপৰত শ্ৰম প্ৰয়োগ কৰি মানুহে যেনেকৈ প্ৰকৃতিক পৰিৱৰ্ত্তন কৰি আছে, তেনেকৈ নিজৰ স্বভাৱৰো পৰিৱৰ্ত্তন ঘটাই আছে। মানুষ্য প্রকৃতিৰো এক ইতিহাস আছে; এই ইতিহাসক জানিবলৈ হ'লে বুজিব লাগিব কি উপায় অৱলম্বন কৰি মানুহে তাৰ বাহিৰৰ প্ৰকৃতিক প্ৰভাৱান্বিত কৰে ।

Helvetius- চেষ্টা কৰিছিল, মানুহৰ শাৰীৰিক চাহিদাক ভিত্তি কৰি যদি সমাজ-বিকাশক ব্যাখ্যা কৰা সম্ভৱ হয়। কিন্তু কেনেকৈ এই অভাৱ পৰিপূৰ্ণ আৰু চাহিদা পূৰণ সম্ভৱ হয় তাক ব্যাখ্যা কৰিবলৈ গৈ দেখা গ'ল যে, অভাৱ পৰিপূৰ্ণ আৰু চাহিদা পূৰণেই হল সমাজ বিকাশৰ মূল কথা। মার্কসতত্ত্ব ঠিক এই ঠাইৰপৰাই তাৰ গৱেষণা আৰম্ভ কৰিছে।

পশুৰ কাৰণে প্রকৃতি খাদ্য ভাণ্ডাৰ উন্মুক্ত কৰি ৰাখিছে;,সংগ্ৰহ কৰি লোৱা সিহঁতৰ কাম। খাদ্য সংগ্ৰহ কৰিবলৈ সিহঁতে প্ৰয়োগ আৰু পৰিচালনা কৰে নিজা নিজা অংগ-প্রত্যংগাদি। সেয়েহে পশুৰ পক্ষে প্রাকৃতিক পৰিৱেশৰ লগত অভিযোজন (Adaptation) সম্ভৱ হয় শাৰীৰিক গঠন বিশেষকৈ অংগ-প্ৰত্যংগাদিৰ পৰিৱৰ্ত্তনৰ দ্বাৰা। কিন্তু যি জীৱে 'Homo Sapiens' বুলি পৰিচয় দিবলৈ গৰ্ববোধ কৰে, তাৰ পক্ষে খাদ্য সংগ্ৰহৰ ব্যাপাৰটো ইমান সহজে সম্ভৱপৰ নহয়। মানুহ প্রকৃতিৰে সৃষ্ট জীৱ; সি সি প্ৰকৃতিৰ সন্মুখীন হয় প্রকৃতিজাত দ্রব্যাদিক নিজৰে অন্যতম শক্তিৰূপে অর্থাৎ প্রকৃতিজাত দ্রব্যাদিক নিজৰ চাহিদা পূৰ্ণৰ উপযোগী কৰি পোৱাৰ কাৰণে। ইয়াৰ কাৰণে সি তাৰ হাত- ভৰি-মূৰ প্রভৃতি অংগাদি প্ৰয়োগ কৰি থাকে। মানুহে এইবোৰ বস্তু পায় উৎপাদনদ্বাৰা; উৎপাদন কাৰ্যৰ কাৰণে তাৰ পক্ষে প্ৰয়োজন হৈ পৰে হাথিয়াৰৰ ব্যৱহাৰ। পশুই যেনেকৈ পায় মানুহেও তেনেকৈ প্ৰকৃতিৰপৰা কিছুমান খাদ্যাদি পায় ঠিকেই; কিন্তু সাধাৰণতঃ সি প্ৰকৃতিৰ ওচৰৰপৰা এনেকুৱা কিছুমান বস্তু সংগ্ৰহ কৰি লয় যাক আখ্যা দিয়া হয়, উৎপাদন কার্যৰ হাথিয়াৰ

এই হাথিয়াৰক মানুহে তাৰ হাতৰ লগত সংযোজন কৰি নিজৰ আয়তন বৃদ্ধি কৰি লয়। বাইবেলৰ কথা, মানুহ কেতিয়াও তাৰ ঈশ্বৰদত্ত আয়তন বৃদ্ধি কৰিব নোৱাৰে; কিন্তু মার্কস উপহাস কৰি বাইবেলৰ কথাৰ প্ৰত্যুত্তৰ দিছে, স্বাভাৱিক হাত দুখনক কৃত্ৰিম হাথিয়াৰেৰে পৰিপূৰক কৰিলেই এই আয়তন বৃদ্ধি সম্ভৱ হয়। ঠিক এই কাৰণেই মানুহৰ পক্ষে অস্তিত্বৰ সংগ্ৰাম পশুৰপৰা মূলতঃ বেলেগ ধৰণৰ। মানুহৰ পক্ষে প্রাকৃতিক পৰিৱেশৰ লগত অভিযোজন সম্ভৱ হয় কৃত্রিম অংগ-প্ৰত্যংগাদি অর্থাৎ হাথিয়াৰৰ পৰিৱৰ্ত্তনদ্বাৰা। এইবোৰৰ পৰিৱৰ্ত্তনৰ তুলনাত শাৰীৰিক অংগ-প্ৰত্যংগাদি পৰিৱৰ্ত্তন নিতান্তই অকিঞ্চিতকৰ। ডাৰউইনেএঠাইত কৈছে যে, যিসকল ইউৰোপীয় আমেৰিকালৈ গৈ বসবাস কৰে তেওঁলোকে অতি সোনকালেই শাৰীৰিক পৰিৱৰ্ত্তন প্রত্যক্ষ কৰিব লগা হয়। কিন্তু ডাৰউইন ইয়াকো কৈছে যে, এই পৰিৱৰ্ত্তন নিতান্তই নগণ্য। এইদৰেই মানুহ হাথিয়াৰ আৰু যন্ত্রপাতি নিৰ্মাণকাৰী জীৱ হিচাপে তাৰ বিকাশৰ এটি নতুন পৰ্যায়ত উপনীত হয়; তাৰ বায়োলজিকেল বিকাশ ইয়াতেই শেষ হৈ ঐতিহাসিক বিকাশ আৰম্ভ হয়।

বহুতৰে ধাৰণা মানুহৰ বাহিৰে বেলেগ কোনো জীৱ বোধহয় হাথিয়াৰ ব্যৱহাৰ নকৰে; ডাৰউইন এয়া অস্বীকাৰ কৰিছে। শিম্পাঞ্জীয়ে পোহমনাৰ আগত শিলৰ সহায়ত ফল ভাঙি খায়। ভাৰতবৰ্ষত দেখা গৈছে, হাতী তাৰ বন্যজীৱন পৰিত্যাগৰ পাছত গছৰ ডাল ভাঙি মহ-মাখি খেদায়। ডাৰউইন হয়তো সঁচা কথাই কৈছে; কিন্তু আমি স্মৰণ কৰিব লাগিব যে, সংখ্যাত্মক পৰিৱৰ্ত্তনৰপৰাই গুণাত্মক পৰিৱৰ্ত্তন সম্ভৱ হয়। মানুহৰ বাহিৰে অন্যান্য জীৱৰ মাজত হাথিয়াৰৰ ব্যৱহাৰ থাকিলেও সেয়া অত্যন্ত কম আৰু অপৰিণত। পশুৰ জীৱনত হাথিয়াৰৰ প্ৰভাৱ সুনিশ্চিত আৰু নিঃসন্দেহ। এই অৰ্থতে মার্কস কৈছে, হাথিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰ পশুৰ মাজত দেখা গ'লেও এয়া মনুষ্য সমাজেৰে বিশেষত্ব।

যিসমূহ হাথিয়াৰদ্বাৰা মানুহে কাম কৰে অথবা যিসমূহ যন্ত্রাদিৰ ওপৰত মানুহে প্ৰত্যক্ষভাবে শক্তি প্রয়োগ কৰে, সেইসমূহৰ বাহিৰেও অন্যান্য কেতবোৰ যন্ত্ৰৰ কথা মার্কস উল্লেখ কৰিছে। এইসমূহ যন্ত্ৰৰ কাম হ'ল উৎপাদনৰ উপকৰণাদি ধাৰণ কৰা অথবা যিসমূহ যন্ত্ৰৰদ্বাৰা শক্তি প্ৰয়োগ কৰা হয় সেইসমূহৰ সহায়ক ৰূপে কাম কৰা । প্রথমোক্ত যন্ত্ৰসমূহেই অধিক প্ৰয়োজনীয়। মাটিৰ তলৰপৰা পুৰাতন হাড় উদ্ধাৰ কৰি যেনেকৈ লুপ্ত কিছুমান জীৱৰ সন্ধান পোৱা সম্ভৱ হয়, তেনেকৈ পুৰাতন হাথিয়াৰ আৰু যন্ত্রাদিৰ ধ্বংসাৱশেষৰ গৱেষণা ও পর্যালোচনাৰ পৰাও বিলুপ্ত সামাজিক স্তৰবোৰৰ অৰ্থনৈতিক গঠন সম্পৰ্কে সন্ধান পোৱা যাব পাৰে। উৎপাদনৰীতি অর্থাৎ উৎপাদন কার্যত মানুহৰ শ্ৰম কেনেকৈ ব্যৱহৃত হৈ আছে তাৰদ্বাৰা ইয়াকো বুজিব পৰা যায়। অর্থনৈতিক যুগবোৰৰ এটাৰপৰা আনটোৰ তাৰতম্য বুজিবপৰা যায়। ডাৰউইন প্ৰাণীৰ অংগ-প্ৰত্যংগাদিৰ উদ্ভৱ আৰু বিকাশ অর্থাৎ ‘natural technology' সম্পর্কে আমাক সচেতন কৰিছে; মার্কস মানুহৰ কৃত্ৰিম অংগ-প্ৰত্যংগাদিৰ যথাৰ্থ অৰ্থ উদ্ধাৰ কৰি সমাজৰ প্ৰগতিৰ স্তৰ নিৰ্ণয়দ্বাৰা ইতিহাসৰ মূল অৰ্থটো আমাৰ ওচৰত প্ৰকাশিত কৰিছে। Vico ই এবাৰ কৈছিল, মানুহৰ ইতিহাস আৰু প্ৰকৃতিৰ ইতিহাস এই দুই ইতিহাসৰ মাজত পার্থক্য এই যে, প্রথমোক্তটোৰ ওপৰত ৰৈ আছে মানুহৰ হাত; কিন্তু দ্বিতীয়টোৰ ওপৰত মানুহৰ কোনো হাত নাই; এয়াই যদি সত্য হয়, তেনেহ'লে natural technology' ৰ গৱেষণাৰপৰা human technology ৰ ইতিহাস ৰচনা সহজসাধ্য নহয়নে বাৰু?

এই যুগৰ পুৰাতত্ত্ববিদসকলে প্ৰস্তৰ যুগ, তাম্রযুগ আৰু লৌহযুগ এই ধৰণে সমাজৰ প্ৰগতিৰ স্তৰ নিৰ্ণয় কৰিছে। অস্ত্ৰ-শস্ত্ৰ আৰু আচবাবপত্র প্রভৃতি তৈয়াৰীৰ উপকৰণৰ প্ৰভেদ আৰু তাৰতম্যৰপৰাই এই স্তৰ নিৰ্ণয় কৰা সম্ভৱ হৈছে। কিন্তু এইসকল পুৰাতত্ত্ববিদে এই আৱিষ্কাৰৰ মূল অর্থ কি সেয়া বুজিবলৈ কোনো চেষ্টাই নকৰিলে। ওঠৰ শতিকাত Condorcet- এ অতি আদিম যুগৰপৰা আৰম্ভ কৰি কৃষিযুগলৈকে উৎপাদন সংক্ৰান্তীয় হাথিয়াৰ প্ৰভৃতিৰ বিকাশ সম্পর্কে আলোচনা কৰিছে। Condorcet ইমান দূৰলৈকে কৈছিল যে, অস্ত্ৰাদি তৈয়াৰ, খাদ্যাদি প্ৰস্তুত আৰু এইবোৰ কাৰ্য সংক্রান্তীয় যথোপযুক্ত উপকৰণ সংগ্ৰহ আৰু নিৰ্মাণ- এইবোৰ বিশেষত্বৰ দ্বাৰায় পশু আৰু মনুষ্য সমাজৰ মূলগত বিভিন্নতা আৰম্ভ হৈছে। তেওঁ পৰিস্কাৰভাবেই বুজিছিল যে, সমাজ-কাঠামোৰ ওপৰত কৃষিৰ প্ৰভাৱ কিমানখিনি। এইদৰে অগ্ৰসৰ হৈ হৈ তেওঁ দেখুৱালে যে, উৎপাদনৰীতিৰ বিকাশৰ লগত সংগতি ৰাখি জ্ঞান-বিজ্ঞানৰ বিকাশ সম্ভৱ হৈছে। হঠাৎ এঠাইত আহি Condorcet -এ মত পৰিৱৰ্ত্তন কৰিলে আৰু সকলোবোৰ ওলোটাই পেলালে। ঐহিক বিষয়ত আৰু অস্তিত্বৰ সংগ্ৰামত মানুহে যিবোৰ আৱিষ্কাৰ কৰিছে আৰু যিবোৰ কীৰ্ত্তি স্থাপন কৰিছে সেই সকলোবোৰৰ আত্মপ্রকাশ ঘটিছে আত্মাৰ (Spirit) অগ্ৰগতিৰদ্বাৰা । তেওঁ সিদ্ধান্ত ল'লে; মূল বিষয় হ'ল মানুহৰ আত্মিক শক্তি; আত্মিক শক্তিৰ ওচৰত মানুহ তাৰ সকলো ধৰণৰ উদ্ভাৱনৰ কাৰণে ঋণী। আত্মাৰ স্বাভাৱিক ধৰ্ম হ'ল সন্মুখৰ ফালে অগ্ৰসৰ হোৱা। এই যুগৰ অৰ্থনীতিবিদৰ কোনোবাই কোনোবাই কৈ থাকে, উৎপাদন শক্তিৰ উদ্ভাৱন, উদ্ভৱ আৰু বিকাশ আত্মাৰ অগ্ৰগতিৰে বিষয়।

প্রাণীতত্ত্বই নির্দেশ দিয়ে যে মানুহৰ স্বভাৱিক অংগ-প্ৰত্যংগাদিৰ বিকাশ হৈছে প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত; ইতিহাসতো আমি দেখিবলৈ পাম যে, কৃত্ৰিম অংগ-প্ৰত্যংগাদিৰ বিকাশৰ মূলভূত সত্য হ'ল এই প্রাকৃতিক পৰিৱেশ ৷ যিসমূহ দেশত ধাতৱ পদাৰ্থ একোৱে নাই তাত নিশ্চয় শিলতকৈ ভাল উৎপাদন হাথিয়াৰ তৈয়াৰ কৰা সম্ভৱ হ'ব নোৱাৰে। সেয়ে প্রাকৃতিক পৰিৱেশ আৰু ভৌগোলিক আৱেষ্টনীৰ প্ৰভাৱ উৎপাদনৰ ওপৰত থাকিবই।

মার্কস কেপিটেল গ্ৰন্থত লেখিছে, খেতিৰ মাটিৰ উৰ্বৰতাই সকলো নহয়; বহু ধৰণৰ উৎপাদন খেতিৰ মাটিৰপৰা হ'ব পাৰে সেয়াই প্ৰণিধানযোগ্য। কিয়নো ইয়াৰদ্বাৰা সমাজত শ্রম-বিভাজন (Social division of labour) নিৰূপিত হয়। বহুবিধ উৎপাদনদ্বাৰা প্ৰকৃতিক যিমানে পৰিৱৰ্ত্তন কৰিব পাৰিব, সিমানেই মানুহৰ চাহিদা বাঢ়িব; উৎপাদনৰ সামৰ্থ্য আৰু শক্তিও সিমানে বৰ্দ্ধিত হ'; শ্ৰমৰ উপকৰণ আৰু প্ৰকাৰ একাধিকৰূপ ধাৰণ কৰিব। প্রাকৃতিক শক্তিক মানুহৰ শ্ৰম আৰু বুদ্ধিয়ে নিয়ন্ত্ৰণ কৰি আছে আৰু কামত লগাই আছে; যাতে প্রাকৃতিক উপকৰণ আৰু উপাদানবোৰ অপব্যয় নহয় সেয়া নিশ্চিত কৰি আছে। উৎপাদন আৰু শিল্পৰ ইতিহাসত এইবোৰ বিশেষভাবে উল্লেখযোগ্য। দৃষ্টান্ত স্বৰূপে ধৰা যাব পাৰে মিচৰৰ হাইড্ৰ'লিক ওয়ার্কস, ভাৰতবৰ্ষ আৰু মিচৰৰ জলসিঞ্চন কাৰ্য।

প্ৰকৃতিৰ লগত যুঁজাৰ কাৰণে মানুহে প্ৰকৃতিৰপৰাই হাথিয়াৰ আৰু যন্ত্রাদি নিৰ্মাণৰ উপাদান সংগ্ৰহ কৰি লয়। উৎপাদন কাৰ্য আৰু উৎপাদনৰ উপকৰণ কেনেকুৱা বিশিষ্ট প্ৰকাৰৰ হ'ব সেয়া নিৰ্দ্ধাৰণ কৰে ভৌগোলিক আৱেষ্টনীয়ে। এদল সেনাৰ পৰম্পৰ সম্বন্ধ ঠিক হয় অস্ত্ৰৰ বিশিষ্টৰূপৰদ্বাৰা। উৎপাদন কার্যৰ মাজতো যন্ত্রাদি আৰু হাথিয়াৰৰ ৰূপৰ দ্বাৰা এটাৰ লগত আনটোৰ সম্বন্ধ নিৰূপিত হয়। এই সম্বন্ধই আকৌ সমাজৰ গঠন কিৰূপ বিশেষ ধৰণৰ হ'ব সেয়া ঠিক কৰে। এই আলোচনাৰপৰা বোধগম্য হ', কি প্ৰকাৰৰ প্ৰাকৃতিক আৱেষ্টনীয়ে মানুহৰ সামাজিক পৰিৱেশক নিয়ন্ত্ৰণ কৰি আছে।

দৃষ্টান্ত স্বৰূপে উল্লেখ কৰা হৈছে- কৃষিকৰ্মৰ সুবিধাৰ কাৰণে নীল নদীৰ জোৱাৰ-ভাটাৰ সময় পূৰ্বৰপৰা জনাৰ প্ৰয়োজন হৈ পৰিল ৷ এনেকুৱা প্ৰয়োজন আৰু চেষ্টাৰপৰা জন্ম হ'ল জ্যোতিৰ্বিজ্ঞানৰ। জ্যোতিৰ্বিজ্ঞানৰ চাহিদাৰপৰা মিচৰত পুৰোহিত শ্ৰেণীৰ আৱিৰ্ভাৱ হৈছে।

বিষয়টোৰ মাথোন এটা দিশেই আমি দেখিলো। উৎপাদন শক্তি (Productive force) ইয়াত কাম কৰিছে কাৰণ ৰূপে আৰু ইয়াত উৎপাদনৰ সম্বন্ধ (Productive relations) হৈছে কৃষিকৰ্ম। কিন্তু কাৰ্যই আকৌ কাৰণক নতুনকৈ বিকশিত কৰিব পাৰে। এই সূত্ৰৰপৰা দুটা সিদ্ধান্ত সম্ভৱঃ-

(১) উৎপাদন শক্তি আৰু উৎপাদন সম্বন্ধৰে পৰম্পৰ প্ৰভাৱৰ ফল সমাজ প্রগতি। এই প্ৰগতিৰ অন্তনির্হিত সূত্র সম্পূর্ণ স্বতন্ত্র, প্রাকৃতিক পৰিৱেশৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। ব্যক্তিগত বিত্ত (Private property) যেতিয়া সর্বপ্রথম বিকশিত হয়, তেতিয়া সেয়া উৎপাদনকাৰীৰ নিজৰ শ্ৰমৰ ফলতে হৈ থাকে। কিন্তু এনেকুৱা এটি সময় আহে যেতিয়া ব্যক্তিগত বিত্তৰ আকৃতিৰ পৰিৱৰ্ত্তন অপৰিহাৰ্য হৈ উঠে। এই পৰ্যায়তে বেলেগৰ শ্রমপ্রসূত বিত্তৰ অধিকাৰী হয় পূঁজিপতি। এনেকুৱা অৱস্থা সংঘটিত হয় ব্যক্তিগত বিত্তৰ বিকাশৰ ধাৰাৰ অন্তনির্হিত সূত্ৰৰ ফলস্বৰূপে। এই ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰত্যক্ষ কোনো প্ৰভাৱ নাথাকে; উৎপাদন শক্তিক যথাসম্ভৱ দ্ৰুত বিকশিত কৰাৰ উপযোগী অনুকূল পৰিৱেশ সৃষ্টিয়েহে মাথোন এয়া সম্ভৱ কৰিব পাৰে।

(২) প্রাকৃতিক পৰিৱেশৰ প্ৰত্যক্ষ কোনো প্ৰভাৱ সমাজ বিকাশৰ ওপৰত নপৰে যদিও পৰোক্ষভাবে প্রাকৃতিক পৰিৱেশে এই বিকাশৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকে । একেই জাতি হয়তো বহু শতাব্দীলৈকে একেই প্ৰকাৰৰ অথবা সামান্য পৰিৱৰ্ত্তিত ভৌগোলিক আৱেষ্টনীৰ মাজত বসবাস কৰি আছে; কিন্তু জাতিৰ সামাজিক গঠন যুগৰ পাছত যুগ ধৰি বিভিন্ন ধৰণে পৰিৱৰ্ত্তিত হৈ আছে। এই নিদৰ্শনৰপৰা এয়াই প্ৰমাণিত হয় যে, সামাজিক বিকাশৰ এটি স্বতন্ত্র সূত্র আছেপ্রাকৃতিক পৰিৱেশে প্রত্যক্ষভাবে সমাজক প্রভাবান্বিত নকৰে কাৰণেই কোনোবাই কোনোবাই এই সত্যটোক অস্বীকাৰ কৰি গৈছে। এওঁলোকৰ ভিতৰত অন্যতম ভলটেয়াৰ। সত্তৰ দহকৰ ইংল্যাণ্ডৰ উৎপাদনশক্তি পূর্বগামী ঐতিহাসিক বিকাশৰে ফল যদিও এই ঐতিহাসিক বিকাশত ভূগোলৰ বিন্দুমাত্ৰ অৱদান নাই বুলি কোৱাটো অসংগত হ'ব। ভূগোল তাৰ প্ৰভাৱ কেনেকৈ সঞ্চাৰিত কৰে সেয়া বুজিব লাগিব বেলেগ উপায়ে। দেশৰ অৰ্থনৈতিক বিকাশৰ ওপৰত ইয়াৰ প্ৰকৃত প্ৰভাৱ পৰে।

ক্রিটিকত মার্কসে কৈছে, উৎপাদন শক্তি বিকশিত আৰু পৰিৱৰ্ত্তিত হৈ হৈ এনেকুৱা এটি অৱস্থাত আহি উপনীত হয় যে, প্রচলিত বিত্ত-সম্পর্কাদিৰ লগত তাৰ বিৰোধিতা নোহোৱাকৈ থাকিব নোৱাৰে। সেয়ে এই বিত্ত সম্পর্কিত উৎপাদন শক্তিৰ লগত সংগতি ৰক্ষা কৰিব নোৱাৰি তাক শৃংখলিত কৰাৰ কাৰণে তৎপৰ হ'ব লগা হয়। এই অৱস্থাটোতে উদ্ভৱ হয় সমাজ-বিপ্লৱ (social revolution) ফিউদততন্ত্ৰৰপৰা পুঁজিবাদলৈ পৰিৱৰ্ত্তন হোৱাৰ সময়ত সমাজৰ এনেকুৱা অৱস্থা আমি লক্ষ্য কৰিছো। আধুনিক সময়তো পৰিষ্কাৰভাবেই আমি দেখি আছো যে, উৎপাদন শক্তি দ্রুত বিকাশৰ বাটত অগ্ৰসৰ হৈ প্ৰচলিত বিত্ত সম্পৰ্কৰ আমূল পৰিৱৰ্ত্তন দাবি কৰি আছে; কিন্তু এই পৰিৱৰ্ত্তনক শৃংখলিত আৰু অচল কৰি তোলাৰ কাৰণে চেষ্টা অব্যাহত আছে। এই সংঘৰ্ষৰ সমন্বয়দ্বাৰা অৰ্থনৈতিক ভিত্তিটোৰ ৰূপান্তৰ হ'লে সমগ্র সমাজ আৰু সামাজিক প্রতিষ্ঠানবোৰৰ চেহেৰাও সলনি হৈ যাব পাৰে

অৰ্থনৈতিক পৰিৱৰ্ত্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, সমাজ আৰু ধৰ্মাত্মক ভাবাদৰ্শৰ (idology) ৰূপবোৰ পৃথকভাবে চাব লাগিব। এইবোৰ ভাবাদর্শৰপৰা পৰিৱৰ্ত্তনৰ সময়ত সংঘটিত হোৱা বিৰোধ সম্পর্কে মানুহবিলাক সচেতন হয়। এজন মানুহে নিজৰ সম্পৰ্কে কি ধৰণে ভাবে তাৰদ্বাৰা যেনেকৈ মানুহজন সম্পৰ্কে সঠিক ধাৰণা কৰা সম্ভৱ নহয়, তেনেকৈ এটা যুগৰ পৰিৱৰ্ত্তন উপলব্ধি কৰাৰ কাৰণে সেই যুগৰ সামাজিক- চেতনাক উপলব্ধি কৰাই যথেষ্ট নহয়। কিয়নো এই সামাজিক চেতনা মানুহৰ ঐহিক জীৱনৰ বিষয়বোৰৰ দ্বাৰা নিয়ন্ত্রিত হয় ।

সকলো সামাজিক তথ্যই নিজৰ বিলোপ মাতি আনে আৰু এই বিলোপৰপৰাই পুনৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰে। এই ডায়ালেকটিক সূত্ৰটো সমাজ আৰু ৰাষ্ট্ৰৰ সকলো প্ৰতিষ্ঠান আৰু বিধি-ব্যৱস্থাবোৰৰ ক্ষেত্ৰতে খাটে। সকলো সামাজিক ৰূপেই প্ৰথমাৱস্থাত উৎপাদন শক্তিৰ বিভিন্ন ৰূপৰ প্ৰকাশ মাথোন; বিকাশৰ সময়টোৱে জীৱনকালৰ শ্ৰেষ্ঠ আৰু সুপ্রশস্ত সময়। বিকাশৰ ধাৰা যেতিয়া উত্তোৰৰ্ত্তৰ বৃদ্ধি হৈ থাকে তেতিয়াই মানুহৰ মাজত ধাৰণা জন্মে যে, এইটোৱে হয়তো সমাজৰ প্ৰকৃত, অকৃত্রিম, অনাবিল ৰূপ। কিন্তু লাহে লাহে যেতিয়া বিশেষ ৰূপটো জৰাগ্ৰস্ত হৈ থাকে, তেতিয়া তেওঁলোকে ইয়াৰ বিৰুদ্ধে সংগ্ৰামত প্ৰবৃত্ত হয় আৰু এইটো চয়তানৰ সৃষ্টি, প্রকৃতি বিৰুদ্ধ এনেকুৱা বিদ্রোহাত্মক উক্তি কৰি ইয়াক বিধ্বস্ত কৰিবলৈ উদ্যত হয়।

এনেকুৱা অৱস্থা সংঘটিত হোৱাৰ একমাত্ৰ কাৰণ উৎপাদন শক্তি পূৰ্বত যি আছিল, এটা সময়ত তেনেকুৱা হৈ নাথাকে। উৎপাদন শক্তি অধিকতৰ বিকশিত কৰাৰ কাৰণে সমাজৰ অন্তৰ্ভূক্ত মানুহবিলাকৰ পৰম্পৰ সম্বন্ধৰ মাজত সততে পৰিৱৰ্ত্তন সংঘটিত হৈ আছে। ক্রমিক সংখ্যাত্মক পৰিৱৰ্ত্তন গুণাত্মক প্ৰভেদত পৰ্যবসিত হৈ আছে। ক্রমিক পৰিৱৰ্ত্তনৰ ইয়াতেই গতিৰোধ হৈছে। হেগেল ইয়াৰ ডায়ালেকটিক ব্যাখ্যা আৰু কাৰণ নিৰ্ণয় কৰিবলৈ গৈ অতীন্দ্ৰিয় শক্তিৰ আশ্ৰয় লৈছে। আনহাতে মার্কস অতীন্দ্ৰিয় শক্তিৰ পৰিৱৰ্ত্তে সম্পূর্ণভাবে বাস্তৱ কাৰণৰ ওপৰত নিৰ্ভৰ কৰিছে। সমাজৰ হাতত সকলো ধৰণৰ উৎপাদনৰ উপায় অথবা শক্তি আছে আৰু তাৰ বিকাশৰপৰাই যে সামাজিক বিপর্যয় আৰু ৰূপান্তৰ সংঘটিত হৈ আছে মার্কস তাকেই প্রমাণ কৰিছে।

মাৰ্ক্সৰ এই আৱিষ্কাৰ কিছুমানৰ স্বাৰ্থ বিৰোধী; সেয়ে এই আৱিষ্কাৰত সহজে এওঁলোকৰ বিশ্বাস নজন্মে। জার্মান দার্শনিক ফিক্টে (It is easier to bring the majority of people to consider themselves as bits of Lava in the Moon than as themselves) যথার্থতে যি নহয় তাতে মানুহৰ সহজে বিশ্বাস ওপজে, কিন্তু তাৰ জীৱনৰ যি প্ৰকৃত মূল তাত তাৰ বিশ্বাস জন্মোৱাটো কঠিন। জীৱিকাই জীৱনৰ মূল। এই সূত্ৰটো ধৰিয়ে মার্কস সমাজতন্ত্র বিশ্লেষণ কৰিছে। হেগেল তেওঁৰ প্ৰসিদ্ধ Philosophy of History গ্ৰন্থত এৰিষ্টলৰ উক্তি উদ্ধৃত কৰি কৈছে— “When pressing needs are satisfied man turns to the general and more elevated"(page-80)মার্কস কেপিটেল গ্ৰন্থৰ এটি অধ্যায়ৰ পাদ-টীকাত মহাকবি সেক্সপীয়েৰৰ এটি চমৎকাৰ উক্তি উদ্ধৃত কৰিছে-

you take my life

   When you take the means whereby I love." (page-533)

                       সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)