সেন্দূৰ উজলে কপালত (উপন্যাস)

                                                                              

                                         




সেন্দূৰ উজলে কপালত

                                            - লেখকৰ দুআষাৰ-

উপন্যাসখন বংগীয় মূলৰ বঙালী হিন্দু সম্প্ৰদায়ৰ সংগ্ৰামী জীৱনৰ আধাৰত ৰচনা কৰা হৈছে। উপন্যাসখনত বংগীয় মূলৰ বঙালী হিন্দু সম্প্ৰদায়ৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশৰ ওপৰত বিশেষভাবে গুৰুত্ব দিয়া হৈছে। উপন্যাসখন সম্পূর্ণ কাল্পনিক। উপন্যাসখনত সন্নিৱিষ্ট কোনো চৰিত্ৰ বা ঘটনা যদি কাৰো জীৱনৰ লগত সাদৃশ্য থাকে, তেনেহ'লে সেয়া সম্পূর্ণ কাক-তালীয়। তাৰ বাবে মই দুঃখিত । পাঠকে উপন্যাসখনৰ ভুল-ত্ৰুটিসমূহ ক্ষমাসুন্দৰ দৃষ্টিৰে চাই উপন্যাসখন আদৰি ললে মই নথৈ আনন্দিত হম।

                                                                                                                                  -লেখক- আবুল হুছেইন

 

                                              এক

বাছখন মন্দিয়া পোৱাৰ লগে লগে যাত্ৰীবিলাক হাই-উৰুমি কৰি নামিবলৈ ধৰিলে। কাৰণ এইখনে শেষ স্টপেজ। বাছখন ইয়াৰপৰাই পুনৰ বৰপেটালৈ উভতিব।

মই যাম বাঘবৰলৈ। বাঘবৰলৈ বাছ নাযায়। মানে বাছ চলাচলৰ উপযোগী ৰাস্তা নাই। আগতে মন্দিয়াৰ পৰা দিঘিপাম, গড়লা, মাণিকপুৰ, আলীগাঁও, পালাৰপাম, সুতিপাৰ হৈ বাঘবৰলৈ যোৱাৰ কাৰণে পি ডব্লিউ ডি, ৰাস্তা আছিল যদিও বাছ চলাচলৰ আগতেই সেই ৰাস্তা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বর্তমান সেইবোৰ ৰাস্তাৰ চিন-চাবো অৱশিষ্ট নাই। পাছৰ পৰ্যায়ত মন্দিয়াৰ পৰা বাঘবৰলৈ পি, ডব্লিউ ডি ৰাস্তা নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও চিলুচী গাঁওলৈকে ৰাস্তা নিৰ্মাণ কৰাৰ পাছত গৰাখহনীয়া আৰু বানপানীৰ সমস্যাৰ কাৰণে ৰাস্তা নিৰ্মাণৰ কাম বন্ধা ৰাখিব লগা হৈছিল। সেই ৰাস্তাৰ অৱস্থাও তথৈবচ। বৰ্তমান কনৰালৈকেহে ৰাস্তা কিছু ভাল অৱস্থাত আছে। কনৰাৰপৰা চিলুচীলৈকে যোৱা ৰাস্তাৰ কে'বা ঠাইতো ভঙা-চিঙা। সেয়ে কনৰাৰপৰা বাঘবৰলৈ যোৱাৰ কাৰণে বৰ্তমান কোনো উন্নতমানৰ ৰাস্তা নাই। কনৰাৰপৰা চিলুচীলৈ পি, ডব্লিউ ডি ৰাস্তাৰে দুই কিলোমিটাৰমান যোৱাৰ পাছত তিনি কিলোমিটাৰমান বাট মথাউৰিৰ ওপৰেৰে যাব লাগে। সেই ৰাস্তাৰে মানুহবোৰে চাইকেল বা খোজ কাঢ়ি অহা-যোৱা কৰে। অৱশ্যে মন্দিয়াৰপৰা কনৰালৈ চাৰি কিলোমিটাৰ ৰাস্তা কেণ্টাৰ চলে। সেয়ে এতিয়া মই মন্দিয়াৰপৰা কনৰালৈ কেণ্টাৰেৰে গৈ কনৰাৰপৰা খোজ কাঢ়ি বাঘবৰলৈ যাব লাগিব। গৌৰাংগই চিঠিত এনেকৈয়ে লিখিছে

বাছৰপৰা নামি বেগটো কান্ধত ওলোমাই হল্ডঅলটো হাতত লৈ মই কেঁকো-জেঁকোকৈ কেণ্টাৰ বিচাৰি ওলালো ।

এজোপা বট গছ। বটগছৰ তলতে এটি গুমটি দোকান। গুমটিটোৰ ভিতৰত এজন সৰু ল'ৰা বহি আছিল ৷ আগবাঢ়ি গৈ মই হল্ডঅলটো দোকানৰ সন্মুখত নমাই ল'ৰাজনক সুধিলো- ভাইটি, কেণ্টাৰ নাই নেকি ?

'ৰাজনে মূৰ তুলি সন্মুখৰ ফালে পৰ্যবেক্ষণৰ দৃষ্টিৰে চালে ৷ তাৰ পাছত মোৰ ফালে চাই কলে- কালি ওৰেটো দিনে চলিছে ৷ ৰাতিপুৱাও দুবাৰমান দেখিছো, তাৰপাছত আৰু দেখা নাই। কেঁচা ৰাস্তা। ধূলিয়ৰি। অলপ বৰষুণ দিলেই বোকাময় হৈ পৰে। ফলত বৰষুণ দিলে ৰাস্তা গাড়ী চলাৰ অনুপযোগী হৈ পৰে। দুপৰীয়া এজাক দবা-পিটা বৰষুণ হৈ গৈছে। যাৰ কাৰণে হয়তো চলা নাই। অৱশ্যে বৰষুণ দিয়া বহু সময় হল। এতিয়া হয়তো আহিবও পাৰে। অপেক্ষা কৰকচোন কিছু সময় ৷ আপোনাৰ ভাগ্য ভাল হ'লে আহিবও পাৰে ৷

'ৰাজনক শলাগি মই গুমটিটোৰ সন্মুখত পাৰি থোৱা বেঞ্চত বহিলো ৷

হঠাৎ ডেকা এজন চাইকেলত উঠি আহি মোৰ সন্মুখত ব্ৰেক মাৰি ৰৈ গ'ল । সি চাইকেলৰপৰা নানামিল। এখন ভৰিৰে মাটিত ভৰ দি থিয় হৈ মোৰ ফালে কৌতুহলী দৃষ্টিৰে চাই সুধিলে- আপোনাক ইয়াৰ আগতে দেখা যেন মনত নপৰে, যাব কলৈ ?

বাঘবৰলৈ । মই চমুকৈ উত্তৰ দিলো ৷

বাঘবৰলৈ ! তেনেহ'লেতো আপোনাৰ বৰ কষ্ট হ'ব। ডেকাজনে নিজৰ মত ব্যক্ত কৰিলে।

কনৰালৈ কেণ্টাৰ চলে বুলি শুনিছো। মই ডেকাজনৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই ক'লো- কেণ্টাৰৰ অপেক্ষাতে ৰৈ আছো ৷

কেণ্টাৰৰ কথা শুনি ডেকাজন যেন জঁকি উঠিল। এইবাৰ সি চাইকেলৰপৰা নামিল। সি ক্ষোভ মিশ্ৰিত সুৰত ক'লে- বাছেই চলাৰ কথা আছিল, চলিছে কেণ্টাৰ। সেয়াও অনিয়মীয়া। এদিন চলিলে দুদিন বন্ধ থাকে। মানুহবোৰে বাছৰ বাবে বাট চাই চাই বিৰক্ত হৈ অৱশেষত পদব্ৰজে যাত্ৰা আৰম্ভ কৰে। দুই এজনে অহা বাটেৰে উভতিও যায়গৈ। নাই মোমাইতকৈ কণা মোমাই ভাল বুলি কথা এষাৰ আছে; কিন্তু গাড়ী-মটৰৰ ক্ষেত্ৰত এই কথা মুঠেই প্রযোজ্য নহয়। অনিয়মীয়া কেণ্টাৰে মানুহৰ সুবিধা কৰাতকৈ অসুবিধাই বেছি কৰে।

ডেকাজনে ক্ষোভ উজাৰি গুমটিত বহি থকা ল'ৰাজনলৈ উদ্দেশ্য কৰি ক'লে- দুডাল ছিগাৰেট দিয়া। ল'ৰাজনক এইদৰে চিগাৰেটৰ অৰ্ডাৰ দি সি মোৰ ফালে চাই ক'লে- চলে নেকি?

মই ইংগিতটো বুজিব পাৰি ক'লো- অভ্যাস নাই।

অভ্যাস নকৰাই ভাল হৈছে। এইদৰে শলাগি ডেকাজনে দুখ প্ৰকাশ কৰি ক'লে- অভ্যাস কৰি এতিয়া অনুশোচনা কৰিব লগা হৈছে। দিনত তিনি চাৰিবাৰকৈ কাণত ধৰি প্ৰতিজ্ঞা কৰিও এতিয়ালৈকে এই বদ্‌অভ্যাস ত্যাগ কৰিবপৰা নাই।

'ৰাজনে দুডাল চিগাৰেট আগবঢ়ালে। ডেকাজনে ক'লে- এডাল দিয়া এখেতে নাখায় বোলে। ডেকাজনে চিগাৰ্টেত অগ্নি সংযোগ কৰি দীঘলকৈ হোপা মাৰি ধোঁৱাবোৰ এৰি দি ক'লে- এই অঞ্চলৰ যাতায়ত ব্যৱস্থা এতিয়ালৈকে মধ্যযুগীয় হৈ আছে। মধ্যযুগত মানুহৰ প্রধান বাহন আছিল ঘোঁৰা। এতিয়া সেই ঘোঁৰাৰ ঠাই লৈছে চাইকেলে। যেতিয়া এই অঞ্চলত ৰাস্তা-ঘাট নাছিল তেতিয়া ত্ৰিছ পঁয়ত্ৰিছ1 কিলোমিটাৰ বাট পদব্ৰজে অহা-যোৱা কৰিব লগা হৈছিল। লাহে লাহে চাইকেল আহিল। কেইবছৰমান আগতো মানুহে চাইকেলেৰে অহা- যোৱা কৰিছিল । কেণ্টাৰ অহাৰ লগে লগে মানুহবোৰ পংগু হ'ল। খোজকঢ়াতো দূৰৰে কথা চাইকেল চলাবলৈকো টান পোৱা হৈছে মানুহে।

ডেকাজনে এইদৰে বহু কথাই ক'লে । শুনি ভালো লাগিল। ধুনীয়া কথন ভংগী, কণ্ঠস্বৰো ভাল । শুনিলে, শুনি থাকিবৰে মন যায়। হঠাৎ ডেকাজনে ঘড়ীটোলৈ চাই ক'লে- পলমে হৈ গ'ল। আমাৰ ঘৰ পালা পামত। বাঘবৰৰ ওচৰতে। এঠাইলৈ যাবলৈ ওলাই আহিছো। ম‍ই আজি নুভোঁতো। কাইলৈ নিশ্চয় লগ পাম। এইদৰে কৈ ডেকাজনে ক্ষমা খোজাৰ ভংগীত ক'লে- আপোনাক জানোচা আমনিয়ে দিলোঁ। বেয়া নাপাব।

মই সৌজন্যতাৰ খাতিৰত ক'লো- নাই নাই, বেয়া নাপাও । আপোনাৰ কথাবোৰ শুনি ভালেই লাগিল। এই অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ বিষয়ে বহু কথা জানিব পাৰিলো।

ডেকাজনে চাইকেলত ভৰি তুলি পৰামৰ্শ আগবঢ়ালে- এইদৰে বহি থকাতকৈ ৰিক্সা এখনে লওঁকগৈ। কনৰালৈ ৰিক্সা চলে। কনৰাৰ পৰাতো খোজ কঢ়াৰ বাহিৰে উপায়ে নাই। বাৰু, আপুনি বাঘবৰত কাৰ ঘৰলৈ যাব ?

গৌৰাংগহঁতৰ ঘৰলৈ যাম। সি মোৰ কলেজীয়া বন্ধু।

হয় নেকি ! ডেকাজন উৎসাহিত হৈ উঠিল ৷ ক'লে সি- গৌৰাংগদাৰ বন্ধু যেতিয়া আপুনি মোৰ দাদাই হ'ল । বাৰু, কাইলৈ নিশ্চয় লগ পাম।

ডেকাজন গুচি গ'ল ।

ডেকাজন গুচি যোৱাৰ পাছত ম‍ই আধা ঘণ্টামান কেণ্টাৰৰ অপেক্ষাত ৰৈ থাকিলোঁ; কিন্তু কেণ্টাৰ নাহিল। শেষত ডেকাজনৰ পৰামৰ্শ সাৰোগত কৰি মই ৰিক্সাৰ কথা ভাবিবলৈ বাধ্য হ'লো। বেলি মাৰ যোৱাৰ আগতেই মই বাঘবৰ গৈ পাব লাগিব। কাৰণ ৰাস্তা-ঘাট মোৰ তেনেকৈ চিনা-জনা নহয়। ইফালে ৰাস্তাও ভাল নহয়। সুধি-মেলি যাব লাগিব। পাঁচ বছৰমান আগতে এবাৰৰ বাবে মাথোন বাঘবৰলৈ গৈছিলো। কিন্তু তেতিয়া গৌৰাংগ লগত আছিল।

নিৰুপায় হৈ মই ৰিক্সা এখনৰ কাষ চাপিলোঁ। বিছ টকা বন্দৱস্ত কৰি ৰিক্সাত উঠি বহিলোঁ।

বৰষুণৰ পানী পৰি ৰাস্তা আৰু ৰাস্তা হৈ থকা নাই। ৰিক্সাৰ চকা কেতিয়াবা এবেগতলৈকে পোত যায়। ৰিক্সাৱালাজনে নামি পোত যোৱা চকা ঠেলি-হেঁচি তুলি পুনৰ পেডেল মাৰিবলৈ আৰম্ভ কৰে। ফলত তাৰ মূৰৰ ঘাম ভৰিত পৰিবলৈ ধৰিলে।

কিছুদূৰ অহাৰ পাছতে থান এটা পালো। থান মানে এজোপা বটগছ। গুৰিত শিৱলিংগ। ধূপ-ধুনা জ্বলি আছে। ওচৰতে মানুহৰ জুম । লক্ষ্য কৰিলো, তাত জুৱাৰ আড্ডা চলি আছে। ত্ৰিছ পঁয়ত্ৰিছ বছৰীয়া ডেকা এজনে ফৰ-গুটি মেলি জুৱা খেলি আছে। ডেকাজনৰ মুখভর্তি দাঢ়ি- গোঁফ। চুলিকোচাও দীঘল। ভোবাকাৰ চেহেৰা ।

'ৰা এজনে ডেকাজনৰ হাতত গাঁজাৰ চিলিম সসম্ভ্রমে গুজি দি তাৰ ওচৰতে বহি পৰিল। ডেকাজনে গাঁজাৰ চিলিমত হোপা মাৰিবলৈ লওঁতেই তাৰ চকু পৰিল মই উঠি অহা ৰিক্সাখনৰ ওপৰত। সি চিলিমত হোপা নামাৰি জাঁপ মাৰি বহাৰপৰা উঠি একেকোবে ৰিক্সাৰ কাষলৈ আহি ৰিক্সাৱালাৰ আগত হাত পাতি গহীনাই ক'লে- দিয়া, পাঁচ টকা দিয়া। গাঁজা খাম ।

ৰিক্সাৱালাজনে কোনো ধৰণৰ আপত্তি নকৰাকৈ পকেটৰপৰা পাঁচ টকীয়া নোট এখন উলিয়াই ডেকাজনৰ হাতত দিলে। টকালৈ ডেকাজন পুনৰ আগৰ ঠাইলৈ গৈ বহি পৰিল৷

ঘটনাটো দেখি মোৰ বেয়া লাগিল। কিন্তু কৰিবলৈ একো নাছিল । কাৰণ এইবোৰ মানুহৰ স্বভাৱ মই জানো। ইহঁতে কৰিব নোৱাৰা কাম নাই। মান-সন্মানৰ কথা ইহঁতে নাভাবে। অসামাজিক কিবা এটা কৰিব পাৰিলেই যেন আত্মসন্তুষ্টি লাভ কৰে। সাধাৰণ কথাতে মাৰপিট কৰে, প্রয়োজনত হত্যাও কৰিব পাৰে।

মই ৰিক্সাৱালাক উদ্দেশ্য কৰি সুধিলো- সদায় এনেকৈ লয় নেকি?

ইহঁতৰ আড্ডা বহিলেই লয়। ৰিক্সাৱালাই বিৰক্তি প্ৰকাশ কৰি ক'লে- ডকাইত। বাঘবৰত ঘৰ। নাম বিনোদ। নিখিল পালৰ ভায়েক। কেবাটাও নৰহত্যা কৰিছে। জেলো খাঁটিছে কেবাবাৰো। কিছুদিন আগতে জে'লৰপৰা ওলাই আহিছে।

টকা নিদিলে কি কৰিলেহেঁতেন ?

হয় ৰিক্সাৰ হাৱা এৰি দিলেহেঁতেন, নহ'লে মাৰিলেহেঁতেন। ৰিক্সাৱালাজনে নির্বিকারভাবে পেডেল মাৰি ভয়ে ভয়ে কলে।

ইতিমধ্যে ৰিক্সাখন থানা পালেহি। থানা বুলি ক'লো এই কাৰণে যে, বাৰাণ্ডাত পুলিচ এজন থিয় দি আছিল। কৌতুহলবশতঃ ম‍ই পিছফালে ঘূৰি চালোঁ। বটগছজোপাৰ তলত বহা জুৱাৰ আড্ডাটো মোৰ চকুত পৰিল। থানাৰপৰাও আড্ডাটো ভালদৰেই চকুত পৰে বুলি মোৰ ধাৰণা হ'ল। সেয়ে মই ৰিক্সাৱালাক ক'লো- ওচৰতে দেখোন থানা এখনো আছে! পুলিচে ইহঁতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে নেকি?

ৰিক্সাৱালাজনে এবাৰ থানা আৰু এবাৰ পিছফালে লক্ষ্য কৰি অনুচ্চ সুৰত ক'লে- আচলতে এই পুলিচবোৰেই ইহঁতক পুহি ৰাখিছে। পুলিচেও হেনো ইহঁতৰপৰা ভাগ পায় ৷

ৰিক্সাৱালাজনে অনুমানৰ ভিত্তিত কথাষাৰ ক'লেও কথাটো মিছা নহয় ৷ কাৰণ এনেকুৱা অভিযোগ মই আগতেও শুনিছো। ৰিক্সাৱালাৰ কথাত সহমত প্ৰকাশ কৰি ক'লো- এৰা, দিন-কালে বেয়া। এই দুৰ্নীতিৰ বিৰুদ্ধে ক'বলৈ গ'লেও বিপদ। আজি-কালি পুলিচ মানেই দুর্নীতি ।

ৰিক্সাৱালাজনে গৰ্বেৰে সৈতে কলে- পুলিচে কিন্তু বিদ্যুতক ভয় কৰে ।

বিদ্যুত মানে? কোন বিদ্যুত?

বিদ্যুতৰ ঘৰ বাঘবৰত। বৰ সাহসী। পুলিচলৈ তাৰ মুঠেই ভয় নাই। পুলিচেহে তাক সমীহ কৰি চলে। ৰিক্সাৱালাই এইদৰে বিদ্যুতক প্ৰশংসা কৰি ক'লে- আপুনি কিন্তু এইবোৰ কথা কাকো নক'ব । বিদ্যুতৰ লগত সেই জুৱাৰী ডেকা মানে বিনোদৰ সাপ-নেউলৰ সম্পৰ্ক । ইয়াৰ আঁৰতো এক লোমহর্ষক কাহিনী আছে। আপুনি মানুহক সুধিলেই গম পাব।

' হয় নেকি? মই ৰিক্সাৱালাক শলাগি ক'লো- এই বিষয়ে মই গৌৰাংগৰ পৰা নিশ্চয় জানিব পাৰিম। মই বিনোদক মন্দিয়াত লগ পাই আহিছো । তাৰ পৰামৰ্শ মতেই ম‍ই ৰিক্সা লৈছো। বাৰু, সি কৰে কি?

পাৰ্টি কৰা মানুহ। চিপিএমৰ কেডাৰ। বহু পঢ়া-শুনা কৰিছে। চাকৰিও পাইছিল; কিন্তু নকৰিলে। সি বোলে ৰাইজৰ সেৱা কৰিব। সেয়ে ৰাজনীতিৰ লগত জড়িত হৈ আছে। ৰিক্সাৱালাই এইদৰে কৈ গৰ্বেৰে সৈতে ক'লে- ময়ো বিদ্যুতক সমৰ্থন কৰোঁ। মাথোন ময়ে নহয়, এই অঞ্চলটোৰ আটাইবিলাক ভাল মানুহেই তাক সমৰ্থন কৰে।.......

এনেতে ৰিক্সাৰ চকা বোকাত পোত গ'ল। ফলত কথা সিমানতে সামৰি সি ৰিক্সাৰপৰা নামি পৰিল।

                                                দুই

তিনিমান বজাত আমি কনৰা পালোহি। কাতি মাহ। সেয়ে বেলিটো পাটত বহিবলৈ বৰ বেছি সময় নাছিলকনৰাৰপৰা বাঘবৰলৈ চাৰি পাঁচ কিলোমিটাৰৰ বাট । এইখিনি বাট মই খোজকাঢ়িয়ে যাব লাগিব । আগৰবাৰ আহোঁতেও খোজকাঢ়িয়ে গৈছিলো । তদুপৰি সিবাৰ বেগখনৰ বাহিৰে মোৰ লগত বেলেগ কোনো বস্তু নাছিল । কাৰণ তেতিয়া ফুৰিবলৈহে আহিছিলো। কিন্তু এইবাৰৰ কথা অলপ বেলেগ ৷ কাৰণ এইবাৰ মই তাত থাকিবলৈ আহিছো। ফলত লগত বিছনাপত্র আছে। মাথোন বিছনাই নহয়, দৈনন্দিন প্রয়োজনীয় বেলেগ বহু বস্তুও আছে লগত। ফলত বেগখন আগৰবাৰতকৈ গধুৰ

বেগ আৰু হল্ডঅলটো লৈ চাৰি পাঁচ কিলোমিটাৰ বাট খোজ কঢ়াৰ কথা ভাবোঁতেই মনটো বেয়া লাগি গ'ল। কোনোবা চাইকেল আৰোহী পোৱাৰ আশাত মই কিছু সময় অপেক্ষা কৰিলো। কিন্তু কপাল বেয়া, তেনে কোনো মানুহ নাপালো ।

শেষত সিদ্ধান্ত ল'লো, হল্ডঅলটো কোনোবা এখন চাহ দোকানত থৈ যাম আৰু কাইলৈ চাইকেল এখন লৈ আহি লৈ যাম। এইদৰে ভাবি ওচৰতে থকা চাহ দোকান এখনলৈ সোমাই গ'লো । দোকানীৰ লগত এই বিষয়ে কথাও পাতিলো। দোকানীজনে গৌৰাংগক জানে। সেয়ে সি বিনাদ্বিধাই বিছনাপত্ৰ ৰাখিবলৈ সন্মত হল। ফলত মনটো অলপ ফৰকাল হ'ল।

চাহ দোকানীৰ লগত কথা পাতি বাহিৰলৈ ওলাইছোহে মাথোন, এনেতে দহ বাৰ বছৰীয়া ল'ৰা এজন চাইকেলেৰে আহি মোৰ সন্মুখতে নামিল। ল'ৰাজনে মোক ভৰিৰপৰা মূৰলৈ লক্ষ্য কৰি সুধিলে- আপুনি বাঘবৰলৈ যাব নেকি?

এৰা ! মই সন্মতিসূচক মূৰ দুপিয়াই ক'লো- কিন্তু তুমি কেনেকৈ জানিলা ?

গৌৰাংগদাই আপুনি অহাৰ কথা কৈছিল। ল'ৰাজনে উৎসাহেৰে ক'লে- আপুনি ইয়াৰ আগতেও এবাৰ আহিছিল নহয়, তেতিয়া ম‍ই আপোনাক দেখিছিলো।

সেয়া পাঁচ বছৰ আগৰ কথা, এতিয়াও তোমাৰ মনত আছে নেকি? মই বিস্ময় প্রকাশ কৰি ক'লো ৷

মই তেতিয়া খুবেই সৰু আছিলো যদিও কথাটো মোৰ মনত আছে। আপুনি বজাৰৰপৰা মোক চকলেট কিনি দিছিল। ল'ৰাজনে গৰ্বেৰে সৈতে কলে- আপুনি আমাৰ ঘৰলৈকো গৈছিল গৌৰাংগদাৰ লগত। আপোনাৰ ফটোও আছে গৌৰাংগদাৰ ৰোমত।

হয় নেকি! তেনেহ'লে তুমি দেখোন বহু কথাই জানা মোৰ বিষয়ে !

'ৰাজনে সেমেনা-সেমেনি কৰি ক'লে- মাৰ দেউতাৰ নাম হৰেণ চৌধুৰী।

হৰেণ চৌধুৰী! মই আগ্ৰহেৰে সুধিলো- অভিনেতা হৰেণ চৌধুৰী নেকি?

'ৰাজনে সন্মতিসূচক মূৰ দুপিয়াই ক'লে- হয়, আপুনি দেউতাক চিনি পাইছিল নেকি?

গৌৰাংগহঁতৰ ঘৰলৈ প্ৰথমবাৰ আহোঁতে মোৰ হৰেণ চৌধুৰীৰ লগত পৰিচয় হৈছিল। গৌৰাংগই পৰিচয় কৰাই দিছিল। হৰেণ চৌধুৰীৰ গৌৰাংগৰ পেহাক। হৰেণ চৌধুৰী এজন ভাল অভিনেতা। অভিনেতা হিচাপে অঞ্চলটোত বেছ সুনাম আছে তেওঁৰ।

এৰা, মই ক'লো- প্ৰথমবাৰ আহোঁতে তোমাৰ দেউতাৰৰ লগত পৰিচয় হৈছিল। তোমাৰ দেউতাৰাই বৰ ভাল অভিনয় কৰে । এতিয়াও অভিনয় কৰে নেকি ?

'ৰাজনৰ চকু চল্‌চলীয়া হৈ উঠিল। ল'ৰাজনৰ চকুত চকুপানী দেখি মোৰ মনটো সেমেকি উঠিল। ভাবিলো, কিবা নক'ব লগা কথা কলো নেকি ? অলপ আগতে দেউতাকৰ প্ৰসংশাত যি চকুযুৰি উজ্জ্বল হৈ উঠিছিল, এতিয়া সেই চকুত চকু-পানী দেখি ম‍ই কিছু বিব্ৰত আৰু কৌতুহলী হৈ উঠিলো । সুধিলো মই- কি হল? মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা দেখোন ?

'ৰাজনে তলমূৱা হৈ ভৰিৰ নখেৰে মাটি খুচৰি খুচৰি ক'লে- দেউতা ঢুকাল ।

কথাষাৰ শুনি মোৰ মনটো ভাৰাক্ৰান্ত হৈ উঠিল। ল'ৰাজনক সান্ত্বনা দিয়াৰ ভাষা বিচাৰি নাপালো। এই ক্ষেত্ৰত প্ৰকৃততে সান্ত্বনা দিয়াৰ ভাষাই নাই । তথাপি গতানুগতিক ভদ্ৰতা ৰক্ষা কৰিবলৈ ক'লো- কাৰো দেউতাকেতো চিৰদিন জীয়াই নাথাকে। জন্মিলে মৃত্যু আছেই। সকলোৱে এদিন মৰিব লাগে । তোমাৰ, মোৰওতো এদিন মৰিব লাগিব । দুই এদিনৰ আগ-পাছ মাথোন। ইয়াকে লৈ মন বেয়া কৰি লাভ নাইএইদৰে কৈ ম‍ই প্ৰসংগটো সলনি কৰি ক'লো- তুমিতো চাইকেল লৈ আহিছা, মোৰ এটা কাম কৰিব পাৰিবা নেকি?

নিশ্চয় পাৰিম! কওঁকচোন, কি কৰিব লাগিব? 'ৰাজনে চকু-পানী মচি কলে।

বিশেষ একো নহয় । মই ক'লো- মই এতিয়াৰপৰা তোমালোকৰ বাঘবৰতে থাকিম। সেয়ে বিছনাপত্ৰ লৈ আহিছো। এইদৰে কৈ মই মোৰ অসুবিধাৰ কথা জনাই ক'লো- যদি তোমাৰ চাইকেলত নিব পাৰিলাহেঁতেন........

মোৰ কথা শেষ হোৱাৰ আগতেই ল'ৰাজনে ক'লে- ক'ত ৰাখিছে? কথাষাৰ এনেকৈ ক'লে যেন সি ইয়াৰ কাৰণে সাজু হৈয়ে আহিছে। মই বিছনাৰ হণ্ডঅলটোলৈ আঙুলিয়াই ক'লো- সৌৱা, সৌটো।

চাইকেল লৈ ল'ৰাজন হল্ডঅলটোৰ কাষলৈ গ'ল। মই হল্ডঅলটো চাইকেলৰ কেৰিয়াৰত বান্ধি দিলো। ল'ৰাজেনও এই কামত মোক পাৰেমানে সহায় কৰিলে।

'ৰাজন যাবলৈ উদ্যত হ'ল। গৌৰাংগহঁতৰ ঘৰলৈ যাবলৈ হ'লে হৰেণ চৌধুৰীহঁতৰ ঘৰ পাৰ হৈ যাব লাগে। সেয়ে মই ক'লো- গৌৰাংগহঁতৰ ঘৰত নমাবলৈ অসুবিধা হ'লে তোমালোকৰ ঘৰতে নমাবা, ম‍ই লৈ যামহি।

গৌৰাংগদাহঁতৰ ঘৰতে থৈ আহিমহি। আপুনি ভাবিব নালাগে ।

'ৰাজন চাইকেল লৈ গুচি গ'ল।

মই বেগটো কান্ধত ওলোমাই বাঘবৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো ৷

পি, ডব্লিউ, ডি ৰাস্তাৰে চিলুচীলৈকে অহাৰ পাছত ম‍ই মথাউৰিত উঠিলো । কাতি মাহ । মথাউৰিৰ দুকাষে খাল। খালবোৰ পানীৰে উপচি আছে। মথাউৰি বন্ধাৰ সময়ত খালবোৰ সৃষ্টি হৈছে। খালবোৰত যথেষ্ট পৰিমাণে মাছ থাকে। খালৰ সিপাৰে ঠায়ে ঠায়ে ধাননি পথাৰ। পথাৰবোৰ ধানেৰে উপচি আছে। প্রকৃতিয়ে যেন সেউজীয়া চাদৰ এখনেৰে ঢাকি থৈছে পথাৰবোৰ। ধানগছবোৰ বতাহত হালি-জালি আছে। ধানৰ নাচোন দেখি মনটো ভাল লাগি গ'ল। পথাৰৰ লখিমী ভড়ালত থাপিব পাৰিলেহে কৃষকৰ পেটৰ ভোক গুচে, মনবোৰ উলহ- মালহেৰে ভৰি পৰে। সেই দিনটোৰ কাৰণেই কৃষকে ভৰিৰ ঘাম মাটিত পেলাই মাটিৰ বুকুত সপোন ৰচে।

সন্মুখৰ ফালে চাই পঠিওৱাত চকুত পৰিল ধোঁৱা বৰণীয়া ধূসৰ পাহাৰ। বাঘবৰ পাহাৰ। মোৰ গন্তব্যস্থল। প্রকৃতিয়ে যেন নীলা চাদৰেৰে পাহাৰখন ঢাকি থৈছে। যেন কোনোবা শিল্পীৰ দৰদী হাতৰ পৰশত প্ৰাণ পাই উঠা এখন ছবিহে থিয় হৈ আছে প্ৰকৃতিৰ কোলাত৷

                        তিনি

প্রায় দেড় ঘণ্টামান খোজ কঢ়াৰ পাছত ম‍ই বাঘবৰ পালোহি। ওখ পাহাৰ। থিয় গঁৰা। দাঁতিয়েদি ঠেক ৰাস্তা। ৰাস্তাটো মটৰ গাড়ী চলাচলৰ বাবে উপযুক্ত নহয়। চাইকেল চলোৱাও টান হ'ব নতুন মানুহৰ কাৰণে। ৰাস্তাৰ মাজে মাজে সৰু সৰু শিলগুটিবোৰ বাটৰুৱাক স্বাগত কৰাৰ কাৰণে মূৰ দাঙি ৰৈ আছে। অকনমান অসাৱধান হ'লেই উজুটি খোৱাৰ ভয়।

গৌৰাংগহঁত বাঘবৰলৈ উঠি অহাৰ বৰ বেছিদিন হোৱা নাই। গৌৰাংগই কোৱা মতে দহ বছৰমান আগতেহে সিহঁত বাঘবৰলৈ উঠি আহিছে। আগতে সিহঁতৰ ঘৰ বাঘবৰৰপৰা তিনি কিলোমিটাৰমান পূৰ্বদিশত অৱস্থিত পালাৰপামত আছিল

গৌৰাংগহঁত বংগীয় মূলৰ বঙালী হিন্দু। দেশ বিভাজনৰ পাছত সিহঁত পূর্ব পাকিস্থানৰপৰা অসমলৈ উঠি আহিছে। চৰকাৰে এওঁলোকক পালাৰপাম, সুতিপাৰ আদি গাঁৱত মাটি এলটমেণ্ট দিছিল। কিন্তু সেই মাটি-ভেটি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত ।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ভেটি-মাটি হেৰুৱাই গৌৰাংগহঁত গাঁৱৰ আন কেই ঘৰমান মানুহৰ লগত বাঘবৰলৈ উঠি আহিছে। গাঁৱৰ আন বহুতো মানুহ বৰপেটাৰোড, ভাতগাঁও, নালীৰপাৰলৈ গৈ বসবাস কৰি আছে। দুই চাৰিঘৰ মানুহ লক্ষ্মীমপুৰলৈকো উঠি গৈছে। গাঁৱখনৰ বেছি ভাগ মানুহ ৰাজবংশী সম্প্ৰদায়ৰ। মাছ ধৰা সিহঁতৰ ব্যৱসায়। মাছধৰা ব্যৱসায়ৰ লগত জড়িত অধিক সংখ্যক মানুহ মথাউৰি বা ব্ৰহ্মপুত্ৰৰ পাৰতে জুপুৰি সাজি এক কষ্টকৰ জীৱন অতিবাহিত কৰি আছে।

আগতে বাঘবৰ পাহাৰৰ চাৰিওফালে মাথোন অসমীয়া হিন্দু মানুহৰ বসতি আছিল। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত সৰ্বস্বান্ত হোৱাৰ পাছত যি অৱশিষ্ট ভেটি-মাটি আছিল সেইবোৰ বিক্ৰী কৰি অসমীয়া হিন্দুসকল অসমৰ বেলেগ বেলেগ ঠাইলৈ উঠি গৈছে। মাথোন কেইঘৰমান অসমীয়া মানুহহে ৰৈ আছে গাঁৱখনত ৷ এতিয়া এই অসমীয়া হিন্দু পৰিয়ালকেইটাৰ মাজে মাজে গৰাখহনীয়াগ্ৰস্ত বঙালী হিন্দু পৰিয়ালৰ চাৰি পাঁচ ঘৰমান মানুহে বসতি স্থাপন কৰিছে। সেই পৰিয়াল কেইটাৰ মাজত গৌৰাংগহঁতৰ পৰিয়ালো আছে।

বঙালী হিন্দুসকলৰ দৰে গৰাখহনীয়াত সৰ্বস্বান্ত হৈ পালাৰপাম, আলীগাঁও, ৰামাপাৰা, দলাগাঁও, জাহানাৰপাৰ, বালাজান আদি গাওঁৰপৰা বৃহৎসংখ্যক মুছলমান আহি বাঘবৰ পাহাৰৰ চাৰিওফালে বসতি স্থাপন কৰিছে। মুছলমানসকল বিশেষকৈ পাহাৰৰ পশ্চিম আৰু উত্তৰ দিশত বসতি স্থাপন কৰিছে যদিও হিন্দু-মুছলমানৰ সমন্বয়ৰ এক নিদৰ্শন দাঙি ধৰি দুই চাৰি ঘৰ মুছলমানো এই হিন্দু পৰিয়ালবোৰৰ মাজতো বসবাস কৰি আছে।

ৰাস্তাৰ গাতে লগাকৈ ঘৰবোৰ। কিছুমান ঘৰ ৰাস্তাৰপৰা আঁতৰত পাহাৰৰ ওপৰত ।

গৌৰাংগহঁতৰ ঘৰ ৰাস্তাৰপৰা অলপ আঁতৰত পাহাৰৰ ওপৰৰ এডোখৰ সমতল ঠাইত ৷ ৰাস্তাৰপৰা ওপৰলৈ উঠি যোৱাৰ কাৰণে জুম খেতিৰ দৰে খাঁজ কাটি ৰাস্তা তৈয়াৰ কৰি লৈছে। ৰাস্তাৰ শেষতে নঙলা। ঘৰলৈ উঠি যোৱাৰ কাৰণে তৈয়াৰ কৰা খাঁজকেইটা গণি চালো-দহটা খাঁজ। ঠিক যেন এটি জখলা।

খাঁজকেইটা পাৰ হৈ মই নঙলা পালোহি। নঙলামুখৰ পৰাই এজনী সদ্যস্নাতা তিৰোতাক কঁকাললৈকে বৈ পৰা চুলিকোচা মেলি দি চোতালত বহি থকা দেখিলো। তাই মূঢ়া এখনত বহি আছিল। বয়স ত্ৰিছ বত্ৰিছৰ ভিতৰত। গৌৰাংগহঁতৰ ঘৰ পাহাৰৰ পূবপ্ৰান্তত অৱস্থিত ৷ গতিকে বেলিটো অদৃশ্য হৈ পৰিছিল। তিৰোতাজনী বহি থকা ঠাইডোখৰত আবেলিৰ ৰাঙলি বেলিৰ ৰঙচুৱা পোহৰৰ আভাহে মাথোন পৰি আছিল ।

তিৰোতাজনীক দেখি বিবাহিতা বুলি অনুমান হ'ল। কিন্তু শিৰত সেন্দুৰ নাই। অলপ আগতে গা-ধুই অহাৰ কাৰণেই হয়তো কপালখন উকা হৈ আছে। মোক দেখি তিৰোতাজনীয়ে কোনোমতে কাপোৰ সামৰি ব্যস্তভাবে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। হয়তো অপ্রস্তুত হৈয়ে তেনেকৈ পলায়ন। কাৰণ লাজেই নাৰীৰ ভূষণ ।

আগৰবাৰ আহোঁতে এই তিৰোতাজনীক দেখিছিলো বুলি ধাৰণা নহ'ল। গৌৰাংগৰ বৌৱেকো নহয় । কাৰণ গৌৰাংগৰ ককায়েক এজন আছে যদিও সি ঘৰত নাথাকে। সি কোনোবা এখন অফিচৰ কেৰাণী। সি সপৰিয়ালে কৰ্মস্থলী অর্থাৎ গুৱাহাটীত থাকে। ইয়াৰ আগৰ বাৰ আহোতে গৌৰাংগৰ ককায়েক মানে কৃষাণু ৰায় পূজাৰ বন্ধত সপৰিয়ালে ঘৰলৈ আহিছিল। তেতিয়াই গৌৰাংগৰ নবৌৱেকক দেখিছিলোগৌৰাংগই বিয়া কৰোৱা নাই। তাৰ নিজৰ বায়েক বা ভনীয়েক বুলিবলৈও কোনো নাই বুলি মই জানো। গতিকে বহু গুণা-গঁথাৰ পাছতো মই তিৰোতাজনীৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰিলো।

নঙলা পাৰ হৈ বাৰাণ্ডা পালোহি। দহ বাৰ বছৰীয়া ল'ৰা এজেনে মোক অভ্যর্থনা জনালে। সি মোৰ পৰিচয় নুসুধিলে। হয়তো মোৰ পৰিচয় বিছনাপত্ৰ লৈ অহা ল'ৰাজনৰ মুখতে ইতিমধ্যে জানিব পাৰিছে।

'ৰাজনে মোক আগবঢ়াই নি কোঠালি এটাত বহিবলৈ দিলে। কোঠালিটোত দুখন খাট। এখনত বিছনা পাৰি থোৱা আছে আৰু আনখনত বিছনা নাই, মোৰ হল্ডাৰটো নমাই থোৱা আছে। ম‍ই বিছনা পাৰি থোৱা খাটখনতে বহি সুধিলো- গৌৰাংগ তোমাৰ কি হয়?

'ৰাজনে ক'লে- খুড়া।

সি ঘৰত নাই নেকি ?

নাই, কিবা কামত কালি সদৰলৈ গৈছে। আজি অহাৰ কথা আছে।

' হয় নেকি? মই ল'ৰাজনক শলাগি সুধিলো- বাৰু, মই অহাৰ খবৰ ক'ৰপৰা পালা? ল্ডঅল দি যোৱা ল'ৰাজনৰপৰাই খবৰটো জানিব পাৰিছে বুলি জানিও কথাটো নিশ্চিত হোৱাৰ কাৰণে মই সুধিলো ।

ল্ডঅলটো দি যোৱাৰ সময়ত নাৰায়ণে কৈ গৈছে।

নাৰায়ণ মানে! অসেই ল'ৰাজনৰ নাম নাৰয়ণ নেকি? মই নিজৰ দুৰ্বলতা ঢাকিবলৈ ক'লো- লৰালৰিৰ কাৰণে তাৰ নামেই সোধা নহ'ল ৷ আচলতে সুধিব লাগিছিল। মই প্ৰসংগ সলনি কৰিবলৈ সুধিলো- বাৰু, তোমাৰ নাম ?

নিৰঞ্জন ৰায় ৷

তেনেহ'লে তুমি কৃষাণুদাৰ ল'ৰা ?

হয়,- 'ৰাজনে সন্মতিত মূৰ জোকাৰিলে।

তুমি দেউতাৰহঁতৰ লগত নাথাকা নেকি?

দেউতাহঁতৰ লগতে থাকো। নিৰঞ্জনে ক'লে- আইতা আমাৰ ঘৰলৈ গৈছিল, বলৈ আহিছো৷

পাঁচ বছৰমান আগতে এবাৰ মই তোমালোকৰ ঘৰলৈ আহিছিলো, তোমাৰ মনত আছে নেকি? অৱশ্যে তেতিয়া তুমি খুবেই সৰু আছিলা! তোমাৰ মনত নাই হবলা?

মোৰ মনত নাই! নিৰঞ্জনে লাজ মিহলি কণ্ঠত অজ্ঞতা প্রকাশ কৰি প্ৰশ্নবোধক দৃষ্টিৰে মোৰ ফালে চাই ক'লে- আপুনি কেইদিনমান আগতহে অহাৰ কথা আছিল ?

কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলো ৷ মই কৈফিয়তৰ সুৰত কথাষাৰ কৈ খন্তেক ৰৈ পুনৰ ক'লো- তাৰ মানে খুড়ায়েৰাই ম‍ই আহিম বুলি আগতেই তোমালোকক কৈছে?

খুড়াই বোলে আপোনালৈ চিঠি এখন পঠাইছিল আৰু আপুনি আহিব বুলি খুড়ালৈ চিঠি এখন লেখি পাঠাইছিল। নিৰঞ্জনে বিজ্ঞৰ দৰে কলে।

তোমাক কৈছিল নেকি খুড়ায়েৰাই।

নাই নাই, খুড়াই কোৱা নাই। অলপ আগতে প্রমীলা পেহীয়ে কৈছে।

গৌৰাংগ আৰু মই কলেজীয়া বন্ধু। একেখন হোষ্টেলত থাকি আমি বি, এ পাছ কৰিছো। বি, এ পাছ কৰাৰ পাছত মই এম, এ পঢ়িবলৈ গ'লো আৰু গৌৰাংগই অঞ্চলটোৰ ৰাইজৰ তাগিদাত অধ্যয়ন সিমানতে সামৰি গাঁৱৰে হাইস্কুলখনত শিক্ষকতা কৰি আছে। সিও এম. এ পঢ়াৰ কথা আছিল । কিন্তু নতুনকৈ স্থাপন কৰা হাইস্কুলখনত শিক্ষকৰ প্ৰয়োজন হোৱাত অঞ্চলটোৰ ৰাইজে জোৰকৈ ধৰাত (কাৰণ তেতিয়া স্নাতকৰ বৰ অভাৱ আছিল আৰু ইফালে স্নাতক নহ'লে হাইস্কুলত শিক্ষকতা কৰিব নোৱাৰিছিল) সি হাইস্কুলখনত শিক্ষকতা কৰিবলৈ বাধ্য হৈছে।

গৌৰাংগহঁতৰ অৱস্থা আগতে মোটা-মুটি ভালেই আছিল । গৰাখহনীয়াৰ পাছত অৱস্থা কিছু দুৰ্বল হৈ পৰিছে। ককায়েক কৃষাণুৰ দৰমহাৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লাগে । কাৰণ গৌৰাংগই শিক্ষকতা কৰা বিদ্যালয়খন এতিয়াও ভেঞ্চাৰ পৰ্যায়তে আছে।

গৌৰাংগৰ দেউতাক কেতিয়াবাই ঢুকাইছে। মাক আছেকিন্তু যথেষ্ট বয়স হৈছে। ককায়েক চাকৰি সূত্রে কর্মস্থলীতে থাকে। পূজা- পাৰ্বণত অৰ্থাৎ বছৰত দুই তিনিবাৰকৈ ঘৰলৈ আহে।

চকুৰ আঁতৰ হ'লেও গৌৰাংগ কিন্তু মনৰ আঁতৰ হোৱা নাছিল । আমাৰ দুয়োৰো মাজত নিয়মিতভাবে চিঠিপত্র আদান-প্ৰদান হৈ আছিল ৷

এম, এ পাছ কৰাৰ খবৰ মই ৰেজাল্ট ওলোৱাৰ পাছতে গৌৰাংগক চিঠি লেখি জনাইছিলো। তাৰ পাছতে গৌৰাংগৰপৰা চিঠি এখন পাইছিলো। সি চিঠিত লেখিছিল যে, সিহঁতৰ হাইস্কুলখনত ইংৰাজী শিক্ষকৰ পদ খালী হৈ আছে। আগতে যিজন শিক্ষক আছিল তেওঁ বেলেগ চাকৰি পাই গুচি গৈছে। স্কুলখন ভেঞ্চাৰ পৰ্যায়ত থাকিলেও যথেষ্ট ছাত্র-ছাত্রী আছে। শিক্ষক নথকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট অসুবিধা হৈ আছে। গতিকে ইচ্ছা কৰিলে মই তাত শিক্ষকতা কৰিব পাৰিম বুলি গৌৰাংগই চিঠি লেখি জনাইছিল।

অঞ্চলটো সকলো ক্ষেত্ৰতে পিছপৰা। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াই মানুহবোৰৰ অৱস্থা অধিক জুৰুলা কৰি পেলাইছে। ৰাস্তা-ঘাটৰো বিশেষ অসুবিধা। গতিকে বেলেগ ঠাইৰপৰা শিক্ষক আহিব নুখুজে। সেয়ে গৌৰাংগই লেখিছিল যে, মোৰ যদি অসুবিধা নহয় তেনেহ'লে বেলেগ ব্যৱস্থা নোহোৱালৈকে উক্ত পদটো পূৰণ কৰিলে অঞ্চলটোৰ বিশেষ উপকাৰ হ'ব। স্থায়ীভাবে থাকি গ'লেও আপত্তি নাই

মোৰ এম, এৰ ৰিজাল্টো সিমান ভাল নহয়। পৰীক্ষাৰ কিছুদিন আগতে টাইফয়েড হৈছিল। পৰীক্ষাৰ এমাহ আগতে ৰোগমুক্ত হৈ কোনোমতে পৰীক্ষাটো দিছিলো। ফলত ৰিজাল্ট সিমান ভাল হোৱা নাই। কলেজত চাঞ্চ নাপাওঁ, হায়াৰ চেকেণ্ডাৰীতহে খাটিব পাৰিম । গতিকে এনেয়ে কর্মহীন হৈ বহি থকাতকৈ কিবা এটা লৈ ব্যস্ত হৈ থকাই ভাল হ'ব বুলি মই এসপ্তাহৰ ভিতৰতে আহি কামত যোগদান কৰিম বুলি চিঠিত লেখি পঠাইছিলো।

এৰা, মই যোৱা সপ্তাহতে অহাৰ কথা আছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলো। ম‍ই কৈফিয়তৰ সুৰত ক'লো । নিৰঞ্জনে ক'লে- কিবা অসুবিধা হোৱাৰ কাৰণে আহিবপৰা নাই বুলি খুড়াকেও ভাবিছে। বাৰু, আহক হাত-মুখ ধুই লওঁক৷ এইদৰে কৈ নিৰঞ্জন কোঠালিৰপৰা ওলাই গ'ল।

মই বেগৰপৰা গামোচাখন উলিয়াই হাত-মুখ ধোৱাৰ কাৰণে নিৰঞ্জনৰ পিছে পিছে ওলাই আহিলো ।

হাত-মুখ ধুই চাহ-জলপান খাই গৌৰাংগৰ মাকৰ লগত দেখা কৰিলো । অশিতপৰ বৃদ্ধা। বিছনাত বহি আছিল । তাই কপলাত হাত স্থাপন কৰি মূৰ দাঙি মোৰ ফালে চালে। তাই মোক দেখি চিনিবও পাৰিলে ৷ ক'লে-তুমি নৱদ্বীপ নহয়নে? কিছু বছৰ আগতে যে আহিছিলা ? মই ক'লো- হয়, খুড়ী। আপোনাৰ মনত আছে নেকি ?

মনত নাথাকিব কিয়? পাঁচ বছৰ আগৰহে কথাতদুপৰি গৌৰাংগই মাজে সময়ে তোমাৰ কথা দেখোন কৈয়ে থাকে৷ চাহ-পানী খালা নেকি ?

মই সন্মতিত মূৰ দুপিয়াই ক'লো- খালো পেহী।

গৌৰাংগ আজি আহিব লাগে। সি দুদিন আগতে স্কুলৰ কামত সদৰলৈ গৈছে। কালিয়ে অহাৰ কথা আছিল। হয়তো কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই। দুগ্গা দুগ্গাবুলি অদৃশ্য ভগবানক প্রণতি জনাই কলে- আজি নিশ্চয় আহিব।

মই ৰাস্তালৈ ওলাই আহিলো। ইতিমধ্যে কুহুমৰ দৰে ৰঙা বেলিটোই ৰঙা ফাকু ছটিয়াই অস্ত যাবলৈ যো-জা চলাই আছিল। ম‍ই থিয় দি থকা ৰাস্তাত সূৰ্যৰ কিৰণ পৰা নাছিল যদিওঁ পাহাৰৰ পাদদেশেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদত আবেলিৰ সুৰুযৰ ৰাঙলি পোহৰ পৰি পানী তিৰ্বিৰাই আছিল। নীড়মূখী চৰাইৰ কাকলিৰে মুখৰিত হৈ আছিল ঠাইডোখৰ। এজাক বালিহাঁহ ব্ৰহ্মপুত্ৰৰ কোনো চাপৰি উদ্দেশ্যে ওৱাকু ওৱাকু' মাতেৰে ইথাৰ কঁপাই মোৰ মূৰৰ ওপৰেদি উৰি গুচি গ'ল। মই হাঁহজাকৰ ফালে তন্ময় হৈ চাই ৰ'লো । এটা সময়ত জাকটো মোৰ চকুৰপৰা অদৃশ্য হৈ পৰিল ৷

 

                      চাৰি

পাছদিনা ৰাতিপুৱা যেতিয়া সাৰ পালো, তেতিয়া সোণালী ৰথৰ ঘোঁৰা ঢেঁকুৰাই সুৰুয দেবতাই পূৱাকাশত ভুমুকি মৰাৰ বাবে আয়োজন কৰি আছিল। বিছনাৰপৰা নামি মই খিড়িকী বোৰ খুলি দিলো। এজাক স্নিগ্ধ কোমল চেঁচা বতাহ সোমাই আহি কোঠালিটো ভৰাই পেলালে ।

দুৱাৰ খুলি মই বাহিৰলৈ ওলাই আহিলো । চৰাই-চিৰিকতিৰ কাকলিৰে চৌদিশ মুখৰিতএয়া পাহাৰৰ মাহাত্ম্য। নঙলা খুলি মই ৰাস্তালৈ ওলাই আহিলো। এজাক চেঁচা বতাহে মোক স্বাগত জনালে। মনটো ফৰকাল হৈ উঠিল। উদ্দেশ্যহীনভাবে এনেয়ে ৰাস্তাত কেই পাকমান মাৰি ঘৰলৈ আহি প্ৰাতঃকৃত্য সমাপন কৰি হাত-মুখ ধুই আহি মই বিছনাত বহিলো। এনেতে নিৰঞ্জনে মোক চাহ খাবলৈ মাতিলে- খুড়া আহক, পেহীয়ে চাহ খাবলৈ মাতিছে।

খুড়ায়েৰা অহা নাই নেকি? প্ৰশ্নটো সুধি মই বিব্রতবোধ কৰিবলৈ ধৰিলো ৷ কাৰণ গৌৰাংগ আহিলে মই নিশ্চয় গম পালোহেঁতেন। সেয়ে প্রশ্নটো সুধি লাজেই পালো ।

মোৰ ভিত্তিহীন প্রশ্নত নিৰঞ্জনে সাধাৰণভাবেই কলে- নাই অহা। আজি নিশ্চয় আহিব।

মই নিৰঞ্জনৰ পিছে পিছে পাকঘৰলৈ সোমাই আহিলো । কালি দেখা তিৰোতাজনী মানে নিৰঞ্জনৰ পেহীয়েকে সৰু মেজ এখনৰ ওপৰত চাহৰ কাপ যতনাই আমাৰ কাৰণে অপেক্ষা কৰি আছিল।

কালি ৰাতিৰ ভাতসাজ খোৱাৰ সময়তো ঠিক এইদৰেই খাদ্য পৰিৱেশন কৰিছিল। বিজুলিৰ ব্যৱস্থা নাই। সেয়ে লেমৰ পোহৰত কালি তিৰোতাজনীক ভালদৰে দেখাৰ সুযোগ পোৱা নাছিলো। ইফালে দীঘলকৈ ওৰণিও লৈ আছিল। আজি দিনৰ পোহৰত তিৰোতাজনীক ভালদৰে দেখাৰ সুযোগ হ'ল।

ত্ৰিছ বত্ৰিছ বছৰীয়া তিৰোতা। পিন্ধোনত বগা কাপোৰ। উকা কপাল । চকু-মুখত নিৰ্বিকাৰ ভাব। মূৰত ওৰণি। জোঙা নাক ৷ গাৰ বৰণ মিঠা। চকু-মুখত গাম্ভীৰ্যতাৰ ছাপ। দেখিলে আপোনা-আপুনি ভক্তিভাৱ ওপজে। কিন্তু এটা কথা লক্ষ্য কৰিলো, তিৰোতাজনীয়ে মোৰ সন্মুখত যেন কিবা অস্বস্তিবোধ কৰি আছে। কালি হঠাৎ উদং অৱস্থাত দেখাৰ কাৰণেই হয়তো এই অস্বস্তিবোধ

আমাক চাহ খাবলৈ দি তিৰোতীজনী পাকঘৰৰ পৰা ওলাই গ'ল আৰু আমাৰ চাহ খোৱা হলত তামোলৰ বটা লৈ সোমাই আহিল। বটাটো মেজৰ ওপৰত নমাই থৈ কাপ-প্লেটবোৰ সামৰি ক'লে- ৰাতি বোধকৰো ভাল টোপনি নহ'?

অপ্রত্যাশিত প্রশ্নত মই প্ৰথমে কিছু বিব্রতবোধ কৰিলেও পাছত নিজক চম্ভালি লৈ ক'লো- নাই, মানে টোপনি বেয়া হোৱা নাই, ভালেই হৈছে। কিয় বা তেনেকৈ ক'লে ?

নাই মানে, নতুন ঠাইত স্বাভাৱিকতে টোপনি অলপ কম হয়, সেই কাৰণে ক'লো ৷ এইদৰে সমিধান দি তিৰোতাজনীয়ে উদ্বিগ্নতা প্রকাশ কৰি ক'লে- তদুপৰি সিতো কালিয়ে অহাৰ কথা আছিল। কিয় বা নাহিল? যি দিন-কাল পৰিছে! টাউন-চহৰত সদায় ইটো-সিটো গণ্ডগোল লাগিয়ে থাকে। বহু সময়ত গাড়ী-মটৰতো বম-ছম দিয়ে।

উদ্বিগ্নতাৰ কাৰণ যে গৌৰাংগ সেয়া মোৰ উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল। সেয়ে ম‍ই তাইক আশ্বস্ত কৰাৰ কাৰণে কলো- নাই নাই, চিন্তা নকৰিব। কিবা অসুবিধাৰ কাৰণে হয়তো আহিবপৰা নাইআজি নিশ্চয় আহিব।

তিৰোতাজনীয়ে কাপ-প্লেটবোৰ সামৰি লৈ ক'লে- গৌৰাংগ নহাৰ কাৰণে পেহীয়ে বৰ চিন্তা কৰি আছে।

মই তাইক আশ্বস্ত কৰাৰ কাৰণে কলো- চিন্তা কৰাৰ কোনো কাৰণ নাই। কিবা অসুবিধাৰ কাৰণে হয়তো আহিবপৰা নাই। অফিচ- আদালতৰ কাম ! কৰোঁ বুলিয়েতো আৰু কৰিব নোৱাৰি ।

তিৰোতাজনীয়ে প্ৰসংগ সলনি কৰি ক'লে-আপুনি আজিয়ে স্কুল লৈ যাব নেকি ?

কালি ৰাতি ভাত খোৱাৰ সময়ত উপযাচিয়ে মই অহাৰ উদ্দেশ্যৰ কথা কৈছিলো। সেয়ে মই প্ৰশ্নৰ উত্তৰত ক'লো- গৌৰাংগ আহিলে ভাল আছিল। সি অহা নাই যেতিয়া পাৰিলে এপাক গৈ চাই অহাৰ কথা ভাবিছো।

তিৰোতাজনীয়ে ক'লে- সি নাই যদিও একো অসুবিধা নহয় ৷ কাৰণ আপুনি অহাৰ কথা ষ্টাফৰ আটায়ে জানে। শিক্ষকৰ বৰ প্রয়োজন ৷ সেয়ে আপুনি গ'লে তেওঁলোকে ভালেই পাব

তিৰোতাজনীয়ে কাপ-প্লেট সামৰি লৈ ওলাই গ'ল ৷

ঘৰখনত দুখন চোতাল। আগ চোতাল আৰু পিছ চোতাল। আগ োচাতাল আৰু পিছ চোতালৰ মাজত এখন আবুৰ। তিৰোতজীনী ওলাই যোৱাৰ পাছত মই আবুৰ পাৰ হৈ আগচোতাল লৈ ওলাই আহিলো।

সেউজীয়া চাদৰেৰে ঢকা ওখোৰা-মোখোৰা পাহাৰ । আগতেই কৈছো, গৌৰাংগহঁতৰ ঘৰ ৰাস্তাৰপৰা অকনমান ওপৰত এডোখৰ সমতল ঠাইত। ঘৰৰপৰা ওলাই দক্ষিণ দিশলৈ চাই পঠিয়ালে প্রথমেই চকুত পৰে টলবল পানীৰে বৈ থকা ব্ৰহ্মপুত্র নদ। কিন্তু কালি সন্ধিয়া দেখা নদখন আজি দিনৰ পোহৰত মোৰ দৃষ্টিত বেলেগ ৰূপত ধৰা দিলে। সন্ধিয়া দেখা নদখন আছিল সোণোৱালী বোল সনা- কিন্তু দিনৰ পোহৰত ধাৰণা হ'ল নদখন যেন শুকুলা চাদৰেৰে আৱৰা ৷

আগৰবাৰ আহোঁতে নদখন পাহাৰৰপৰা প্ৰায় পোৱা এফার্লং মান আঁতৰেদি বৈ আছিল। বৰ্তমান নদখনে গৰা খহাই আহি পাহাৰৰ পাদদেশ স্পৰ্শ কৰিছে। আগতে পাহাৰৰ দাঁতিত ঠায়ে ঠায়ে মুকলি ঠাই আছিল; কিন্তু সেইবোৰ ঠাই এতিয়া খহনীয়াগ্ৰস্ত মানুহৰ ঘৰ-দুৱাৰেৰে ভৰি পৰিছে। আগতে বসতি সেৰেঙা আছিল। সম্প্ৰতি পাহাৰৰ চৰিওফালে ঘন বসতি।

পাহাৰৰ পাদদেশেদি যোৱা ওখোৰা-মোখোৰা ৰাস্তাৰে মই আগবাঢ়িবলৈ ধৰিলো ৷ দুই চাৰিজন বাটৰুৱা লগ পালো বাটত । আটায়ে মোৰ ফালে বিশেষ কৌতুহলী দৃষ্টিৰে চাই গ'ল । কিন্তু কোনেও একো নুসুধিলে। আচলতে সোধা-মেলা কৰাত গাঁৱৰ মানুহবিলাক বেচ আগ্রহী। এনেকি আচনাকি মানুহ দেখিলে ৰাস্তাৰপৰা আঁতৰৰ খেতিত কাম কৰি থকা মানুহেও ৰিঙিয়াই মাতি নাম-দাম সুধি বাটৰুৱাক ব্যতি-ব্যস্ত কৰে। মইও গাঁৱৰ মানুহ, ফলত এই অভিজ্ঞতা মোৰ আছে। কিন্তু আজি মোক মানুহবিলাকে একো নুসুধিলে ৷ মাথোন কৌতুহলী দৃষ্টিৰে চাই আঁতৰি গ'ল । এয়া মোৰ কাৰণে নতুন অভিজ্ঞতা।

কিছুদূৰ অহাৰ পাছত বাইকৰ শব্দ শুনি মই সন্মুখৰ ফালে চাই পঠিয়ালো । এখন বাইক ধূলি উৰুৱাই মোৰ ফালেই আহি আছিল । আজি- কালি ভিতৰুৱা বহু অঞ্চলত বাইকৰ উপস্থিতি লক্ষ্য কৰিব লগীয়া। বিছ বছৰমান আগত য'ত চাইকেল এখন নাছিল, সেইবোৰ অঞ্চলতো বৰ্তমান বাইকৰ প্ৰচলন হ'বলৈ ধৰিছে। অৱশ্যে সংখ্যাত তেনেই তাকৰ । আঢ্যৱন্ত দুই এঘৰ মানুহৰ কাৰণেহে এয়া সম্ভৱ হৈছে। গতিকে মই আগ্ৰহেৰে বাইকখন অহালৈ অপেক্ষা কৰিবলৈ ধৰিলো। খন্তেক পাছতে বাইকখন আহি মোৰ সন্মুখত ব্ৰেক মাৰি ৰৈ গ'ল। আৰোহীজনে বাইকত বহিয়ে সুধিলে- ফুৰিবলৈ ওলাই আহিছে নেকি?

মই মানুহজনলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালোঁ। মই উত্তৰ দিয়াৰ আগতেই আৰোহীজনে স্টার্ট বন্ধ কৰি বাইকৰপৰা নামি কলে- আপুনি অহাৰ কথা অৱশ্যে কালিয়ে শুনিছো, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ ।

মানুহজনৰ বয়স পঞ্চাছমান হ'ব। মূৰৰ চুলি দুই এডালকৈ পকিবলৈ আৰম্ভ কৰিছে। তেল বৰণীয়া। আটিল স্বাস্থ্যৰ অধিকাৰী। মুখত এমোকোৰা হাঁহি । সেই হাঁহিৰ আঁৰত কূটিল মন এটা আছে বুলি মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক সজাগ কৰি দিলে ৷ কাৰণ হাতীৰ দাঁত দেখুৱাৰ আৰু খোৱাৰ কাৰণে বেলেগে বেলেগে থকাৰ দৰে কুটিল মনৰ মানুহবিলাকৰো দুটা মন থাকে। সিহঁতে বাহ্যিক হাঁহিৰে ভিতৰৰ কুৎসিত ৰূপটো ঢাকি ৰাখে ৷

সুবিধা অসুবিধাতো মানুহৰ থাকেই। এইদৰে কৈয়ে ম‍ই ওঁঠত চেষ্টাকৃত হাঁহিৰ ৰেখা ফুটাই ক'লো- তেনেহ'লে মই অহাৰ কাৰণো হয়তো জানিছে আপুনি !

নিশ্চয় ! মানুহজনে মোৰ চকুত চকু থৈ কলে- গৌৰাংগই আমাৰ লগত আলোচনা কৰিয়ে আপোনাক মাতি পঠিয়াইছে। শিক্ষক নথকাৰ কাৰণে বৰ অসুবধিা হৈ আছিল । আমিতো এনেকুৱা এটি পিছপৰা অঞ্চলত হাইস্কুল স্থাপনৰ কথা কল্পনাই কৰিব পৰা নাছিলো । কিন্তু বর্তমান বিশ্বখন বহু আগুৱাই গৈছে। গতিকে আমি পিছপৰি থাকিলে কেনেকৈ চলিব! অৱশ্যে এম, ই স্কুলখন বহুদিন আগৰে পৰাই আছে। স্কুলখন এতিয়া কেতিয়াবাই চৰকাৰীকৰণো হৈছে। কিন্তু এম, ই পাছ কৰাৰ পাছত বহুতৰে শিক্ষা-জীৱন যতি পৰিছিল। গতিকে অঞ্চটোৰ মানুহে মৰসাহ কৰি হাইস্কুলখন স্থাপন কৰিছোঁ। কিন্তু শিক্ষক নাই। আমাৰ এই অঞ্চলত স্নাতক প্রায় নায়েই। যি দুই চাৰিজন আছে, সিহঁত চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে। গতিকে বেলেগৰ ঠাইৰপৰা হাতে-ভৰিয়ে ধৰি শিক্ষক আনিব লগা হৈছে। হাইস্কুলখন স্থাপন কৰা প্ৰায় সাত বছৰমান হ'ল। ইয়াৰ মাজতে তিনিজন প্রধান শিক্ষকক নিযুক্তি দিব লগা হৈছে। আগৰ প্ৰধান শিক্ষকজন চৰকাৰী চাকৰি পাই গুচি যোৱাৰ পাছত শিক্ষক নাপাই গৌৰাংগকে অঞ্চলৰ ৰাইজে জোৰ-জৱৰদস্তি প্রধান শিক্ষক হিচাপে নিযুক্তি দিছে। এই ক্ষেত্ৰত ময়ে আগ-ভাগ লৈছিলো। সি এম, এ পঢ়াৰ কথা আছিল। মোৰ কথা পেলাব নোৱাৰিহে সি প্ৰধান শিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সন্মত হৈছে।

মই মানুহজনক উৎসাহিত কৰিবলৈ ক'লো- হাইস্কুলখন স্থাপন কৰি সময়োপযোগী কাম কৰিছে। যুগ সলনি হৈ আছে, গতিকে যুগৰ লগত তাল মিলাই চলিবলৈ হ'লে শিক্ষাৰ বিকল্প নাই ।

মানুহজনে মোৰ কথাত উৎসাহ পাই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত থকা অসুবিধাৰ এটা বৰ্ণনা দিলে- সেয়া আৰু ক'ব লাগিছেনে ? আগতে আমাৰ ইয়াৰ ল'ৰা-ছোৱালী এম, ই পাছ কৰাৰ পাছতে লেখা-পঢ়া এৰিব লগা হৈছিল। ধন-বিত থকা দুই এজনে অৱশ্যে বেলেগ ঠাইত ল'ৰা থৈ পঢ়ুৱাইছিল। সেয়াও আঙুলি মূৰত লেখিবপৰা বিধৰ আছিল। ছোৱালী শিক্ষাৰ ক্ষেত্ৰততো একেবাৰে পুতৌজনক অৱস্থা আছিল। ইচ্ছা থকা সত্ত্বেও বহুতে উচ্চশিক্ষা লাভৰপৰা বঞ্চিত হৈছিল। হাইস্কুলখন স্থাপনৰ পাছত সেই অসুবিধা আঁতৰ হৈছে। কিন্তু ইংৰাজীৰ শিক্ষক নথকাৰ কাৰণে বৰ অসুবিধা হৈ আছে। আপুনি আহিছে যেতিয়া সেই অভাৱো এতিয়া নিশ্চয় পূৰণ হ'ব ।

মই মানুহজনক অধিক উৎসাহিত কৰিবলৈ ক'লো- আপোনালোকৰ দৰে মানুহ থাকোঁতে কোনো সমস্যাই সমাধান নোহোৱাকৈ নাথাকে ৷

চাওঁক, সুযোগ-সুবিধা নথকাৰ কাৰণে আমি শিক্ষিত হ'ব নোৱাৰিলো। আমাৰ ল'ৰা-ছোৱালীখিনি যাতে শিক্ষাৰপৰা বঞ্চিত নহয় তাৰ কাৰণে আমি কৰিবপৰা খিনি কৰি আছো দিয়কচোন।

-আপোনালোকৰ দৰে মানুহে নকৰিলে কোনে কৰিব কওঁকচোন!

তাকে ভাবিয়েতো হাইস্কুলখন স্থাপন কৰিছো। মানুহজনে গৰ্বেৰে ক'লে- মই ইতিমধ্যে পাঁচ বিঘা মাটি দিছো। প্রয়োজনীয় টিনপাতো ময়ে দিছো ।

মই মানুহজনক ভৰিৰপৰা মূৰলৈকে লক্ষ্য কৰিলো। আত্মগৌৰৱেৰে গর্বিত মুখমণ্ডল। মোৰ সমৰ্থন পাবলৈ চকুযোৰ মোৰ ওপৰত নিৱদ্ধ । মই উছ্‌বাস প্রকাশ কৰি ক'লো- অহয় নেকি? আপুনি বৰ ভাল কাম কৰিছে। আজি-কালি এনেকুৱা উদাৰ মানুহ খুব কমেই ওলাব ।

আছে, দিছো! নাথাকিলেতো আৰু দিব নোৱাৰিলোহেঁতেন। এইদৰে মন্তব্য কৰাৰ পাছত প্ৰসংগ সলনি কৰি ক'লে- গৌৰাংগ কালি অহাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই বুলি মই জানিব পাৰিছো। গৌৰাংগৰ কাৰণে অপেক্ষা কৰি থাকিব নালাগে। আপুনি আজিয়ে স্কুললৈ যাওঁকগৈ। মেনেজিং কমিটি মাতি দুই এদিনৰ ভিতৰতে আপোনাক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আজি আকৌ সদৰলৈ নগ'লেই নহয় ৷ নহ'লে আজিয়ে কমিটি মতাৰ ব্যৱস্থা কৰিলোহেঁতেন।

মই যে মানুহজনৰ প্ৰতি গুৰুত্ব দিছো তাকে বুজাবলৈ ক'লো- আপোনালোকৰ দৰে মানুহ আছে যেতিয়া চিন্তাৰ কোনো কাৰণ নাই দিয়কচোন। আপোনাক লগ পাই বৰ ভাল লাগিল ।

মোৰ পৰিচয়ে এতিয়ালৈকে দিয়া হোৱা নাই। মানুহজনে নিজৰ পৰিচয় দিলে- মোৰ নাম নিখল পাল । মই হাইস্কুলখনৰ সভাপতি ৷ আমি আগতে পালাৰপামত আছিলো ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি বৰ্তমান বাঘবৰতে বসতি স্থাপন কৰিছো। আমাৰ ঘৰৰ হাইস্কুলখনৰ কাষতে। এইদৰে নিজৰ পৰিচয় দি ক'লে- আপোনাৰ পৰিচয়ৰ দৰ্কাৰ নাই। আপোনাৰ বিষয়ে আমি আটায়ে জানো, মানে গৌৰাংগৰ পৰা জানিব পাৰিছো। আপোনাৰ ঘৰ বৰপেটা ৰোডৰ গোৱৰ্দ্ধনাত। নাম নৱদ্বীপ মণ্ডল। এম, এ পাছ.... নিখিল পালে ঘড়ীটোলৈ চাই ক'লে- পলমে হৈ গ'ল। বাৰু, কাইলৈ পুনৰ লগ পাম ।

নিখিল পালে বাইক ষ্টার্ট দি গুচি গ'ল। সি গুচি যোৱাৰ পাছত মইও ঘৰৰ ফালে খোজ ল'লোঁ ।

                      পাঁচ

দহমান বজাত মই স্কুল পালোহি। শিক্ষকসকলৰ লগত চা-চিনাকি হ'লো । হাইস্কুলৰ প্ৰায়বিলাক শিক্ষক মোৰ বয়সৰ । বি, এ পাছ কৰিয়ে চাকৰিত সোমাইছে। হাইস্কুলখনৰ লগত এম, , স্কুলখন। এম, ই স্কুলৰ শিক্ষক কেইজন অলপ বয়সিয়াল। হেড মাষ্টৰজনৰ অৱসৰৰ সময় হৈছে। দুমাহমান পাছতে অৱসৰ গ্ৰহণ কৰিব ।

শিক্ষকসকলৰ অনুৰোধত এটা ক্লাছো ল'লো৷ মই যে বিদ্যালয়খনৰ নতুনকৈ অহা শিক্ষক এই কথা অঞ্চলটোত ইতিমধ্যে প্ৰচাৰ হৈ গৈছিল। ভিতৰুৱা অঞ্চলত প্ৰচাৰৰ কাৰণে কোনো মাধ্যম নালাগে। মুখ বাগৰিয়ে ৰেডিওৰ দৰে ঘটনাবোৰ প্ৰচাৰ হৈ যায় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো কথাটো প্ৰচাৰ হৈ গৈছিল। সিহঁতে মোক উৎসাহেৰেই গ্ৰহণ কৰিলে। সিহঁতৰ উৎসাহ দেখি মই নিজেও উৎসাহিত হ'লোঁ।

স্কুলৰপৰা আহি কাপোৰ-কানি সলাই মই নিৰঞ্জনক মাতিলো। কিন্তু নিৰঞ্জনৰ পৰিৱৰ্ত্তে তিৰোতাজনী সোমাই আহি ক'লে- নিৰঞ্জন নাই, সি গুৱাহাটীলৈ গ'লগৈ।

হয় নেকি? ম‍ই কৌতুহলী হৈ ক'লো- মই স্কুললৈ যোৱাৰ সময়ত দেখোন সি আছিল !

আপুনি স্কুললৈ যোৱাৰ পাছতে গৈছে।

অকলেই গ'ল নেকি ?

নাই নাই, বিদ্যুতৰ লগত গৈছে। তিৰোতাজনীয়ে ক'লে- সি কালিয়ে লৈ যোৱাৰ কথা আছিল, কিন্তু কালি তাৰ মৰাভাজত মিটিং আছিল আৰু তাৰ পৰা পোনে পোনে মন্দিয়ালৈ গৈছিল। সেয়ে সি কালি লৈ যাব পৰা নাছিল।

বিদ্যুতৰ নামটো শুনাৰ লগে লগে মন্দিয়াত লগ পোৱা ডেকাজনৰ কথা মনত পৰি গ'ল। মই ধাৰণা কৰিলো, সেই ডেকাজনেই হব নিশ্চয়। কিন্তু ডেকাজনৰ ঘৰ পালাৰপামত বুলিহে কৈছিল। সেয়ে কথাটো স্পষ্ট হোৱাৰ কাৰণে মই সুধিলো- বিদ্যুত ! কোন বিদ্যুত?

বিদ্যুতৰ ঘৰ পালাৰপামত । গৰাখহনীয়াৰ ফলত বহু মানুহ বেলেগ বেেেলগ ঠাইলৈ উঠি গৈছে যদিও সিহঁত পালাৰপামতে আছে। কিন্তু বাঘবৰৰ লগত তাৰ খুবেই নিবিড় সম্বন্ধ। ঘৰত থাকিলে সি বাঘবৰতে পৰি থাকে। সৰৱৰাহী যুৱক। চিপিএম কর্মী। অকলশৰীয়া। সংসাৰত তাৰ কোনো নাই। তাৰ কাহিনী বৰ কৰুণ৷

কালি তাক ম‍ই মন্দিয়াত লগ পাই আহিছো। মোক কোৱা মতে, সি দেখোন আজিহে অহাৰ কথা আছিল ! মনৰ খু-দুৱনি মাৰ নিয়াবলৈ ম‍ই ক'লো ৷

যি কামৰ কাৰণে গৈছিল, সেয়া হৈ যোৱাৰ কাৰণে সি কালি ৰাতিয়ে ঘৰ আহি পাইছিল।

হয় নেকি? মই ক'লো- কালি আহোঁতে ৰিক্সাৱালাৰপৰা মই তাৰ বিষয়ে বহু কথা শুনি আহিছো ।

তাৰ কথা মানুহৰ মুখে মুখে। আটায়ে তাৰ বিষয়ে জানে। সি অঞ্চলটোৰ দুৰ্গতৰ বন্ধু। লোকৰ সুদিনত তাৰ দেখা নাপালেও দুর্দিনত সি সময়মতে আহি হাজিৰ হয়। কাৰোবাৰ অসুখ-বিসুখ হ'লে যদি গুৱাহাটী বা কোচবিহাৰলৈ নিব লগা হয়, সিয়ে একমাত্ৰ ভৰসা। তাৰ মাটি- ভেটিও আছে। সি সেইবোৰ আধি দি থৈছে। যিয়ে যি দিয়ে তাকে লৈ সন্তুষ্ট, কোনোদিন কোনো ধৰণৰ আপত্তি নকৰে। ভেটিত ঘৰ এটা আছে; কিন্তু বছৰৰ বেছি ভাগ সময় তাত তলা মৰা থাকে। তিৰোতাজনীয়ে বিদ্যুতৰ জীৱনৰ বিষয়ে এইদৰে চমু আলোকপাত কৰি প্ৰসংগ সলনি কৰি ক'লে- কাপোৰ-কানি সলাই হাত-মুখ ধুই আহক৷ মই চাহ দি আছো ।

তিৰোতাজনী ওলাই গ'ল ।

মই কাপোৰ-কানি সলাই হাত-মুখ ধুই পাক ঘৰলৈ আহিলো। তিৰোতজনীয়ে চাহৰ কাপ মেজৰ ওপৰত থৈ কলে- চাহ খাওঁক । মই চাহৰ কাপত সোহা মাৰি ক'লো- কথা এষাৰ সুধিলে বেয়া পাব নেকি ?

তিৰোতাজনীয়ে নিৰ্বিকাৰভাবে কলে- নাই নাপাও। সোধক, কি সুধিব খুজিছে!

মই পোনপটীয়াভাবে নুসুধি অলপ আওপকীয়াভাবে কলো-গৌৰাংগ মোৰ বন্ধু। একেলগে কলেজত পঢ়িছো। পাঁচ বছৰমান আগতেও মই এবাৰ গৌৰাংগৰ লগত ইয়ালৈ আহিছিলো। মই খন্তেক ৰৈ ক'লো- তেতিয়া কিন্তু আপোনাক লগ পোৱা নাছিলো !

তিৰোতাজনীয়ে মোৰ উৎকণ্ঠাৰ কাৰণ উপলব্ধি কৰিব পাৰি ক'লে- গৌৰাংগ মোৰ মাহীৰ ল'ৰা। যোৱা বেলি অহাৰ সময়ত ম‍ই আমাৰ নিজা ঘৰত আছিলো ৷ আমাৰ ঘৰ পালাৰপামত। এতিয়া ঘৰখন পৰিত্যক্ত অৱস্থাত আছে। সেইবোৰ বহুত কথা। সেই বিষয়ে পাছত জানিব পাৰিব। ক'বলৈ গ'লে মই এইখন ঘৰতে ডাঙৰ-দীঘল হৈছোঁ। গৌৰাংগহঁতৰ নিজৰ বায়েক-ভনীয়েক নাই। মোকেই নিজৰ বায়েকৰ দৰে শ্ৰদ্ধা মৰম কৰে। তিৰোতাজনীযে খন্তেক ৰৈ সুধিলে- আগৰবাৰ আহোঁতে আপুনি দেউতাক নিশ্চয় লগ পাইছিল !

দেউতাক, মানে? মই তিৰোতাজনীৰ মুখলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালো ৷

মোৰ দেউতাৰ নাম হৰেণ চৌধুৰী, দুমাহমান আগতে ঢুকাল ।

তিৰোতাজনীৰ চকুযুৰি চল্‌চলীয়া হৈ উঠিল ৷

হৰেণ চৌধুৰীৰ মৃত্যুৰ খবৰ কালিয়ে মই নাৰায়ণৰ মুখত শুনিছো। গতিকে মই সান্ত্বনা দিয়াৰ কাৰণে ক'লো- শুনি বৰ বেয়া লাগিছে। কথাটো কালিয়ে মই নাৰায়ণৰ মুখৰ পৰা শুনিছো, কিন্তু নাৰায়ণ যে আপোনাৰে ভায়েক এই কথা তেতিয়া ম‍ই জনা নাছিলো।

দেউতাৰ কিন্তু মৰিবৰ বয়স হোৱা নাছিল। তিৰোতাজনীয়ে আক্ষেপৰ সুৰত ক'লে- দেউতাতকৈও বহু বয়সিয়াল মানুহ এই অঞ্চলতে জীয়াই আছে।

জন্ম-মৃত্যু-বিবাহ এই তিনিৰ ওপৰত কাৰো হাত নাই। কাৰ কেতিয়া সময় হয়, সেয়া ঈশ্বৰেহে জানে

তিৰোতাজনীয়ে দীঘলকৈ হুমুনিয়াহ কাঢ়ি কলে- মাহীয়ে আপোনাক লগ পাব বিচাৰিছে।

মাহীয়েক মানে গৌৰাংগৰ মাককালি সন্ধিয়া দেখা কৰি কথা পতাৰ পাছত ম‍ই তাইক লগ ধৰা নাইৰাতিপুৱা অৱশ্যে খুড়ীক লগ ধৰাৰ কথা ভাবিছিলো। কিন্তু নিৰঞ্জনে কোৱামতে তেতিয়া তাই হেনো শুই আছিল। সেয়ে লগ কৰিবপৰা নাই।

ৰাতিপুৱাই লগ ধৰিব খুজিছিলো, কিন্তু তেতিয়া হেনো শুই আছিল। গতিকে লগ ধৰা নহ'ল। এইদৰে কৈফিয়তৰ সুৰত কথাকেইটা কৈ মই ক'লো- এতিয়া কি কৰি আছে?

এনেয়ে বহি আছে।

লক তেনেহ'লেবৃদ্ধাৱস্থাত উপনীত হ'লে মানুহ সাধাৰণতে কিছু অভিমানী হয় । ৰাতিপুৱা খবৰ নকৰাৰ কাৰণে হয়তো মোক বেয়াই পাইছে! বলক, তাইক লগ ধৰি ভুলটো ভাঙি দিওগৈ।

আমি দুয়ো গৌৰাংগৰ মাকৰ শোৱনি কোঠালিলৈ সোমাই আহিলো।

খুড়ী মানে গৌৰাঙ্গৰ মাক বিছনাত বহি আছিল। মই তাইৰ ভৰি চুই সেৱা কৰিলো ৷

দীর্ঘজীৱী হোৱা বোপাবুলি আশীৰ্বাদ দি খুড়ীয়ে ক'লে- স্কুললৈ গৈছিলা নেকি?

হয় গৈছিলো, ক্লাছো লৈছো ৷ এইদৰে কৈ চকী এখনত বহি সুধিলো- কেনে আছে, খুড়ী? ৰাতিপুৱা খবৰ নকৰাৰ কাৰণে বেয়া নাপাব ৷ নাই, নাপাও ৷ গৌৰাংগ নহাৰ কাৰণে মনটো বেয়া লাগি আছে। ইফালে তুমিও আহিছা! নতুন ঠাই। অকলে থাকিবলৈ হয়তো বেয়াই পাইছা ৷ তুমি আহিবা বুলি জানিও সি এনেকৈ নহাকৈ থাকিব লাগেনে !

নাই নাই, মোৰ একো অসুবিধা হোৱা নাই। নিৰঞ্জন আছিল। বাইদেউ আছে, আপুনি আছে, গতিকে একো অসুবিধা পোৱা নাই। তদুপৰি মই কালি আহিম বুলি সি নাজানে। জানিলে অৱশ্যে আহিলহেঁতেন।

ৰাতিপুৱা কিহেৰে ভাত খালা ?

ইয়াকে কয় মাকৰ মন! নিজে উঠি বহিব নোৱাৰে। বিষত তৎ নাই। তথাপি সন্তানৰ খোৱা-লোৱাৰ কাৰণে অস্থিৰ হৈ থাকে ।

নাই নাই, একো অসুবিধা হোৱা নাই। মই ক'লো- মাছ আছিল, ডালি আছিল। পেট পূৰায়ে খাইছো। আপুনি কি খাইছে, খুড়ী?

 মোৰ আকৌ খোৱা! বাতৰ বিষ । কঁকাল পোণাই খোজ কাঢ়িব নোৱাৰো। আজি-কালি নিজৰ ইচ্ছাত লৰচৰো কৰিব নোৱাৰো। বৰ কষ্ট বোপা। এইদৰে নিজৰ কষ্টৰ বৰ্ণনা দি ক'লে- খোৱাৰ হেঁপাহ মুঠেই নাই। তথাপি জীয়াই থকাৰ কাৰণে খাব লাগে। মুখত মুঠেই ৰুচি নাই । ডালি হ'লে সানি-পিটিকি দুটামান খাব পাৰোঁ। কিন্তু ডাক্তৰে সেয়াও খাবলৈ মানা কৰিছে। দালি খালে হেনো বাত বিষ বাঢ়ে। সেয়ে মাছৰ জোলেৰে কেইগৰাহমান খাইছো। ভোক নালাগেই। ৰাতিপুৱাৰ খাদ্য এতিয়াও হজম হোৱা নাই। পেট এতিয়াও ভৰ্ত্তি হৈ আছে ৷ এইদৰে কৈ বাইদেৱৰ ফালে আঙুলিয়াই ক'লে- এতিয়া প্ৰমীলাৰ ওপৰতে সকলো ভৰসা । তাই নাথাকিলে যে কি হ'লহেঁতেন !

তিৰোতাজনীৰ নাম প্ৰমীলা বুলি মই এতিয়াহে জানিব পাৰিলো ৷

মই সান্ত্বনা দিয়াৰ কাৰণে ক'লো- কি কৰিব, খুড়ী! বয়স হ'লে এনেকুৱা হয়েই। এনেয়ে কিবা এটা সুধিব লাগে কাৰণে সুধিলো- চিকিৎসাপাতি ঠিকমতে চলি আছেনে, খুড়ী?

চিকিৎসাৰ কথাশুনি যেন খুড়ী জ্বলি উঠিল। ক'লে- একো বাকী ৰখা নাই। গৌৰাংগই তিনিবাৰ সদৰ লৈ নি পাছৰ ডাক্তৰক দেখুৱাইছে। কিন্তু একোতে একো হোৱা নাই মাথোন টকাকেইটাহে পানীত পৰিল। সিদিনা গুৱাহাটীৰপৰা আহোঁতে বাছৰ জোকাৰণিত বিষটো আৰু বেছি হৈছে। প্ৰমীলা নাথাকিলে মোৰ জীয়াই থকাই অসম্ভৱ হ'লহেঁতেন। এওঁৰ পৰিচৰ্যাতহে কোনোমতে জীয়াই আছো । প্রমীলা মোৰ পেটৰ পৰা নহ'লেও, তাতকৈও বেছি। কণা যমে তাইক এই বৰ যৌৱনত বিধৱা কৰিলে। খুড়ীয়ে প্ৰণামৰ ভংগীত হাত দুখন কপাললৈকে তুলি কলে- দুগ্গা..দুগ্গা, তুমি তাইক চাবা, প্রভু......

                     ছয়

সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰি আহি বিছনাত বহিছোহে মাথোন এনেতে দুৱাৰ ঠেলি গৌৰাংগ সোমাই আহিল ৷

আৰে তই! গৌৰাংগক দেখি মই উচ্ছ্বসিত হৈ উঠিলো- তোৰ কাৰণে মই কালিৰে পৰা ৰখি আছো আৰু তই এতিয়াহে আহিলি ? মোৰ শেষৰ কথাফাকিত অভিমানৰ সুৰ ধ্বনিত হৈ উঠিল।

কাম নহ'লে আহো কেনেকৈ কচোন ? গৌৰাংগই কৈফিয়তৰ সুৰত ক'লে- নিখিল পালৰপৰা মই সদৰৰ পৰাই তই অহাৰ খবৰ পাইছো । খবৰ পোৱাৰ পাছত যিমান দূৰ পাৰি সোনকালে অহাৰ কাৰণে চেষ্টা কৰিছো । কিন্তু কি কৰিবি ! অফিচ-আদালতৰ কথা, ইচ্ছা কৰিলেই জানো আহিব পাৰি !

বাৰু, তই এতিয়া যা, আগতে মাহীৰ লগত দেখা কৰগৈ। মাহীয়ে তোৰ কাৰণে চিন্তা কৰি আছে।

বাৰু, তই বহ । মই মাৰ লগত দেখা কৰি হাত-মুখ ধুই আহি আছো।

গৌৰাংগ ওলাই গ'ল। মইও তাৰ পিছে পিছে বাৰাণ্ডালৈ ওলাই আহি চকী এখনত বহি আবেলিৰ পাহাৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলোঁ৷

পশ্চিমাকাশত ৰঙা ফাকু ছটিয়াই বেলিটোৱে তেতিয়া পাটত বহিবলৈ যো-জা কৰি আছিল। সেয়া এক নয়নাভিৰাম দৃশ্য ! যাক মাথোন উপভোগহে কৰিব পাৰি, বৰ্ণনা কৰিব নোৱাৰি। মই তন্ময় হৈ সেই দৃশ্য উপভোগ কৰিবলৈ ধৰিলো ৷

খন্তেক পাছতে গৌৰাংগ আহি মোৰ কাষৰ চকীত বহিল। ভাল-বেয়া খা-খবৰ আদান-প্ৰদানৰ পাছত সমাজ নীতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ উত্থান-পতনকে আদি কৰি বহু বিষয়ে ঠাই পালে আমাৰ আলোচনাত। হোষ্টেলত থাকোঁতে আমি দুয়ো একেটা ৰোমতে আছিলো ৷ গৌৰাংগই কেতিয়াবা কিতাপ জপাই থৈ ৰাজনীতিৰ ওপৰত লেক্‌চাৰ দি গৈছিল আৰু মই সেই লেক্‌চাৰ কেতিয়াবা আগ্ৰহেৰে আৰু কেতিয়াবা অনিচ্ছা সত্ত্বেও শুনি গৈছিলো। গৌৰাংগৰ মেজৰ আছিল ৰাজনীতি বিজ্ঞান। সেয়ে ৰাজনীতিৰ বিষয়ে নজনা বহু কথাই ম‍ই তাৰ পৰা জানিব পাৰিছিলো ৷ মই আছিলো ইংৰাজী সাহিত্যৰ ছাত্ৰ, গতিকে ৰাজনীতিৰ প্ৰতি মোৰ বিশেষ আগ্রহ নাছিল। মই মাথোন এষাৰ কথাই জানিছিলো, ৰাজনীতি মানে কূটনীতি, তাত নীতিতকৈ কৌশল অধিক। মানুহক আভুৱা-ভাঁৰাৰ কৌশল৷ গৌৰাংগই এতিয়াও ৰাজনীতিৰ খবৰ ৰাখে। নিয়মিতভাবে ৰেডিওৰ খবৰ শুনে। সেয়ে ভিতৰুৱা অঞ্চলত থাকিলেও তাৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ এতিয়াও পূৰ্বৰ দৰেই আছে।

তাৰ বক্তৃতা যেতিয়া দিল্লীৰ পাৰ্লিয়ামেণ্টৰ মজিয়া পাইছিলগৈ তেতিয়াই প্রমীলা বাইদেৱে এখন চাপৰ মেজ আনি আমাৰ সন্মুখত থলে। খন্তেক পাছতে পিঠা আৰু চাহ আহিল ৷

প্রমীলা বাইদেৱে পিঠাবোৰ মেজৰ ওপৰত নমাই থৈ কলে- পিঠা কেইটা বনোৱাৰ কাৰণে চাহ দিয়াত পলম হ'ল।

একো অসুবিধা নাই। গৌৰাংগই ক'লে- বহুদিনৰ মূৰত নৱদ্বীপক লগ পাই মই চাহৰ কথা প্ৰায় পাহৰিয়ে গৈছিলো । চাহৰ জুতিতকৈ বন্ধুৰ লগত কথা পতাতহে জুতি অধিক, নে কি কোৱা ? গৌৰাংগই নিজৰ ৰসিকতাত নিজেই গেক্‌গেক্‌কৈ হাঁহি মাৰি প্ৰমীলা বাইদেৱক উদ্দেশ্য কৰি ক'লে- পাৰিলে তামোল দি যাবা।

দাঁত বেয়া হ'ব বুলি দেখোন আগতে তই তামোল খোৱা নাছিলি! এতিয়া আৰম্ভ কৰাৰ কি দৰ্কাৰ আছিল ?

বিড়ি, ছিগাৰেট, তামোল-পান, এই তিনিতে বঙালীৰ জান । আমাৰ তেজৰ মাজত নিহিত হৈ আছে বিড়ি-চিগাৰেট, তামোল-পানৰ ধোঁৱা আৰু ৰস । বোপা-ককাৰ বৃত্তিনো এৰিবি কেনেকৈ? গৌৰাংগই ৰসিকতা কৰি কথা কেইটা কৈ পুনৰ ক'লে- তেতিয়াৰ কথা আৰু এতিয়াৰ কথা বহু বেলেগ। তেতিয়া দাঁত চোৱাৰ মানুহ আছিল। ইয়াত দাঁত চোৱাৰ মানুহনো কেইজন আছে? তামোল চোবোৱাৰ ফলত ইয়াত আটায়েৰে দাঁত ৰঙা । লেংটাৰ দেশত অকলে কাপোৰ পিন্ধিনো কি কৰোঁ। সেয়ে পৰিৱেশৰ লগত মিলিবলৈ তামোল খোৱা অভ্যাস কৰিছো ৷

প্রমীলা বাইদেৱে তামোলৰ বটাটো আনি মেজৰ ওপৰত থ'লেগৌৰাংগই চাহৰ কাপত শোহা মাৰি ক'লে- প্রমীলা বাইদেউ নাথাকিলে আমাৰ চলাই টান হ'লহেঁতেন। মা বিছনাৰপৰা উঠিব নোৱাৰে, বৰ্তমান বাইদেৱেই ঘৰখন চম্ভালি আছে।

এৰা, ময়ো তাকে ভাবি আছো। কালি অহাৰে পৰা মই কথাটো লক্ষ্য কৰি আছো। মই এইদৰে গৌৰাংগক শলাগি কলো- বাইদেউক দেখি বৰ বেয়া লাগে। বাইদেৱৰ এই অৱস্থা কেনেকৈ হ'?

বাইদেউৰ বিয়া হৈছিল আমাৰ গাঁৱৰে পৰেশ চৌধুৰীৰ লগত ৷ গৌৰাংগই ক'লে- ভিনদেউ পুলিচৰ লগত হোৱা সংঘৰ্ষত ঢুকাল ।

পুলিচৰ লগত সংঘৰ্ষ হৈ ঢুকাল মানে? মই বিস্মিত কণ্ঠত কলো।

এৰা, সেয়া এক মর্মান্তিক কাহিনী। এইদৰে কৈয়ে গৌৰাংগই কৈ গ'ল পৰেশ চৌধুৰীৰ জীৱনৰ এক জীয়া কাহিনী-

পৰেশ চৌধুৰী উচ্চ শিক্ষিত গ্ৰেজুৱেট। ইংৰাজীত মেজৰ আছিল । ভাল বক্তৃতা দিব পাৰিছিল। কলেজীয়া জীৱনত আন্তঃকলেজ তর্ক প্রতিযোগিতাত সি দুবাৰ প্ৰথম হৈছিল । ছাত্ৰাৱস্থাৰ পৰাই মেল-মিটিঙৰ প্ৰতি তাৰ দুৰ্বলতা আছিল । সভা বুলিলে তাক আৰু পায় কোনে ! যি কোনো উপায়ে তাত উপস্থিত হ'ব লাগিব আৰু বক্তৃতা দিব লাগিব- প্রয়োজন হ'লে উপযাচিয়ে। তাৰ বক্তৃতাৰ বিশেষত্বও আছিল। গলীয়া মিঠা কণ্ঠস্বৰ। মার্ক্সবাদ, লেলিনবাদৰ লগতে সমসাময়িক ঘটনাৰ ওপৰত তাৰ খুবেই দখল আছিল। কোনবোৰ বিষয় শ্রোতাই ভাল পাব সেয়া সি সভাত উপস্থিত হৈয়ে প্রত্যুৎপন্নমতিতাৰে উপলব্ধি কৰিব পাৰিছিল।

লাহে লাহে তাক সকলোৱে চিনি পোৱা হ'ল- ঠিক শিয়ালৰ দৰেই। নিজৰ অঞ্চলৰ বাহিৰেও বেলেগ বেলেগ অঞ্চলৰপৰাও সভা- সমিতিত যোগদানৰ বাবে সি আমন্ত্ৰণ পাবলৈ ধৰিলে৷ লাহে লাহে সি মার্ক্সবাদৰ প্ৰতি দুৰ্বল হৈ পৰিল আৰু এছ এফ আইত যোগদান কৰিলে৷

বি এ পাছ কৰাৰ পাছত সি সক্ৰিয় ৰাজনীতিত সোমাই পৰিল। কিন্তু দলৰ আভ্যন্তৰীণ ভাগৰ কদৰ্য ৰূপ দেখি সি কিছুদিন পাছতে ৰাজনীতিৰ প্ৰতি বীতশ্রদ্ধ হৈ পৰিল । সি লক্ষ্য কৰিলে, ৰাজনীতি যেন ব্যৱসায়হে। দেশ আৰু জাতিৰ কথা ভাবিবৰ যেন কাৰো আহৰি নাই । আটায়ে নিজৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ব্যস্ত। সি দলৰ কৰ্মীসকলক বুজাবলৈ চেষ্টা কৰিলে যে, ৰাজনীতি প্ৰকৃতাৰ্থত কোনো ব্যৱসায় নহয়, ই হ'ল সেৱা । ৰাজনীতিত দেশ আৰু দহৰ স্বাৰ্থ সকলোৰে উৰ্দ্ধত স্থান দিয়া উচিত। ব্যক্তি স্বার্থ ইয়াত গৌণ। সামূহিক স্বার্থহে মুখ্য। কিন্তু কোনে কাৰ কথা শুনে!

শেষত দলৰ প্ৰতি বীতশ্রদ্ধ হৈ সি দলৰ ভিতৰচাৰ কদৰ্যৰূপ মেল-মিটিঙত গাই ফুৰিবলৈ ধৰিলে। দলত থাকি দলৰ বিৰুদ্ধে কলে কোনে সেয়া সহ্য কৰিব! গতিকে খাই পাত ফলাৰ অপৰাধত সি দলৰপৰা বহিষ্কৃত হল।

দলৰপৰা বহিষ্কৃত হৈ সি ঘৰৰ কাম-কাজত মনোনিবেশ কৰিলে । কিন্তু সেয়া নামমাত্ৰহে৷ আগৰ দৰেই সভা-সমিতি লৈ ব্যস্ত হৈ থাকিল । তাৰ ওচৰত কাম-কাজ গৌণ, সভা-সমিতিহে মুখ্য। তদুপৰি দুৰ্নীতি দেখিলেই তাৰ মুৰ গৰম হৈ উঠে। প্রতিবাদ কৰিবলৈ আগবাঢ়ি যায়। কিন্তু কোনেও তাক পাত্তা নিদিয়ে। বেছি ভাগ ক্ষেত্ৰতে অসফল হয়। দুই এঠাইত অপমানিতও হ'ব লগা হয়। শেষত সি লক্ষ্য কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াটো ব্যক্তি বিশেষৰ কাম নহয়। ইয়াৰ কাৰণেও সংগঠন তথা মঞ্চৰ প্ৰয়োজন । যিমান ওখ মঞ্চত থিয় দি কথা কোৱা হয়, কথাবোৰ সিমানে অধিক গুৰুত্ব পায় আৰু অধিক মানুহৰ মাজলৈ বিস্তাৰ হয়। ব্যক্তি হিচাপে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গ'লে কোনেও সেই কথাত গুৰুত্ব নিদিয়ে। সেয়ে সি পুনৰ আন এটা অপেক্ষাকৃত দুর্নীতি মুক্ত দলৰ সদস্য পদ গ্ৰহণ কৰিলে । কিন্তু তাতো দেখিবলৈ পালে, সকলো দলৰে ভিতৰ চৰা একেই, অর্থাৎ বাহিৰত ৰং চং ভিতৰত কোৱা ভাতুৰী

শেষত সি ৰাজনীতিৰ প্ৰতি প্ৰচণ্ডভাবে বীতশ্রদ্ধ হৈ ৰাজনীতি ত্যাগ কৰিলে ৷

ভাল বক্তা এজন সচৰাচৰ এজন ভাল অভিনেতাও হয়সি হৰেণ চৌধুৰীৰ লগত চখৰ অভিনয় কৰিবলৈ ধৰিলে। কিছুদিনৰ ভিতৰতে সি নিজক এজন ভাল অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। তেতিয়া কোনো কোনো অঞ্চলত প্ৰায় প্ৰতিখন গাঁৱতে গীতিনাট্যৰ দল আছিল । তাৰ অভিনয় দক্ষতাৰ জৰিয়তে সি সেই অঞ্চলটোৰ প্ৰায় প্ৰতিটো দলৰ লগতে যুক্ত হৈ পৰিল । অৰ্থাৎ পাৰ্ট টাইম অভিনেতা । আজি এটা দলত অভিনয় কৰিলে কাইলৈ বেলেগ এটা দলত অভিনয় কৰে। ফলত বছৰৰ বেছিভাগ সময় সি অভিনয়লৈয়ে ব্যস্ত থকা হ'ল। তাৰ লগত আছে সভা-সমিতি। কাৰণ অভিনয়ৰ সমান্তৰালভাবে সি সভা-সমিতিতো অংশ গ্রহণ কৰিছিল। ফলত কাম-কাজতকৈ সভা- সমিতি আৰু অভিনয়ৰ প্ৰতিহে সি অধিক মনোযোগ দিয়া হ'ল।

ইতিমধ্যে পৰেশ চৌধুৰীৰ প্ৰমীলা বাইদেউৰ লগত বিয়া হৈ গৈছিল। প্রেমজনিত বিয়া। অভিনয়ৰ সুবাদত তাৰ হৰেণ চৌধুৰীৰ লগত ভাল সম্পর্ক গড়ি উঠিছিল। সেয়ে সি অৱসৰ সময় প্রায় হৰেণ চৌধুৰীৰ লগতে কটাইছিল। তেতিয়াই প্রমীলা বাইদেউৰ লগত তাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।

বিয়া কৰোৱাৰ পাছতো সি কাম-বনত গুৰুত্ব নিদিলে। আগৰ দৰেই নাটক আৰু সভা-সমিতি লৈ ব্যস্ত হৈ থাকিলবিয়াৰ চাৰি বছৰ পাছত প্ৰথমটো সন্তান পিন্টু মানে প্রভাতৰ জন্ম হয়৷

তিনিজন ককায়েক-ভায়েকৰ মাজত পৰেশ চৌধুৰী নুমলীয়া আছিল। ডাঙৰ ককায়েক বিমান চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক । সৰুজন ককায়েক খেতি-বাতিৰ কাম কৰে। সি আগতেই বেলেগ হৈ গৈছিল। সেয়ে সি বিমান চৌধুৰীৰ লগত আছিল।

পিন্টু জন্মৰ পাছতো যেতিয়া সি ঘৰৰ কাম-বনৰ প্ৰতি গুৰুত্ব নিদিলে তেতিয়া বিমান চৌধুৰীয়ে তাক এদিন মাতি ক'লে- ৰাজনীতি, সমাজনীতি, অভিনয় সকলো কৰিলি ! এতিয়া সংসাৰ নীতি অকনমান বুজিবলৈ চেষ্টা কৰ। মইনো আৰু কিমান দিন চাম! এটাৰ পৰা দুটা, দুটাৰপৰা এতিয়া তিনিটা হলি! ইফালে মোৰওতো সংসাৰ বাঢ়ি গৈ আছে। ফলত খৰচো বাঢ়িছে। মোৰওতো ভৱিষ্যত আছে।

কথাবোৰ কৈ বিমান চৌধুৰীয়ে পৰেশ চৌধুৰীৰ প্ৰতিক্ৰিয়া জানিবলৈ তাৰ মুখৰ ফালে চালে।

কিন্তু পৰেশ চৌধুৰী নিৰ্বিকাৰ। কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। তলমূৰ হৈ সি মনে মনে বহি থাকিল।

পৰেশ চৌধুৰীক মনে মনে থকা দেখি বিমান চৌধুৰী কিছু ক্ষুণ্ণ হৈ উঠিল । ক'লে-মেল-মিটিঙততো কথাৰ ফুলজাৰি মাৰিব পাৰ, এতিয়া দেখোন বোবা হৈ গলি? কিবা এষাৰতো কবি !

কিনো কম! পৰেশ চৌধুৰীয়ে এবাৰ মাথোন ককায়েকৰ ফালে চাই পুনৰ তলমূৰ হৈ খন্তেক কিবা ভাবি ক'লে- কথাটো অৱশ্যে ময়ো নভবা নহয়, কিন্তু কৰিমনো কি?

খেতিৰ কাম তোৰ দ্বাৰা নহ', সেয়া মই বুজিব পাৰিছোঁ। বিমান চৌধুৰীয়ে পৰামৰ্শৰ সুৰত ক'লে- বি, এ পাছ কৰিছ যেতিয়া কিবা চাকৰি-বাকৰিৰ ব্যৱস্থা কৰ। তোৰ জনা-শুনা মানুহৰতো অভাৱ নাই !

বিমান চৌধুৰীৰ কথা মতে সি চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ ধৰিলে। কিন্তু ইণ্টাৰভিউ দিলেই চাকৰি নহয়! চেনেললাগে। চুপাৰিছ কৰা মানুহ লাগে। কিন্তু দলত্যাগী মানুহৰ কাৰণে কোনে চুপাৰিছ কৰিব! সেয়ে বহু কেইটা ইণ্টাৰভিউ দিয়াৰ পাছতো তাৰ চাকৰি নহ'ল৷ ইফালে ককায়েকে কিবা এটা কৰাৰ কাৰণে জোৰ দিয়ে থাকিল । শেষত সি বিপ্লৱী দল এটাত যোগদান কৰি এদিন মনে মনে ঘৰৰপৰা পলাই গ'ল। এনেকি প্রমীলা বাইদেউকো কৈ নগ'ল কথাটো ।

দুই বছৰ তাৰ কোনো খা-খবৰ নাই। এদিন হঠাৎ দেখা হৈ গ'ল বিদ্যুতৰ লগত। বিদ্যুৎ পালাৰপামৰ ল'ৰা। সি ভাল ভলীবল খেলুৱৈ। জিলা ভলীবল দলৰ হৈ সি ভলীবল খেলিবলৈ উজনি অসমলৈ গৈছিল । তাতে সি পৰেশ চোধুৰীক লগ পাইছিল ।

বিদ্যুতে পৰেশ চৌধুৰীক ঘৰলৈ আহিবলৈ অনুৰোধ কৰি ক'লে- দাদা, আপুনি বহুদিন হ'ল ঘৰৰপৰা মনে মনে গুচি আহিছে। আমাৰ সেই অঞ্চলৰ মানুহে এতিয়াও আপোনাৰ অভাৱ অনুভৱ কৰে। তদুপৰি ঘৰখনৰ আটায়ে এতিয়াও আপোনাৰ অপেক্ষাত উদ্বিগ্নতাৰে বাট চাই আছেলক, ঘৰলৈ বলক

পৰেশ চৌধুৰীয়ে ক'লে- নিশ্চয় যাম, অৱেশ্য তোমাৰ লগত যাব নোৱাৰিম । কেইদিনমান পাছত মই নিজেই গৈ ওলামহি। এইদৰে কৈ সি ঘৰৰ খা-খবৰ ল'লে- পিন্টু কেনে আছে? মই জানো, মোৰ অনুপস্থিতিত সিহঁতৰ বৰ কষ্ট হৈছে। কিন্তু কি কৰিবা ! মোৰ স্বভাৱে এনেকুৱা, দেশৰ কাৰণে, সমাজৰ কাৰণে কিবা এটা কৰাৰ ইচ্ছা। প্রথমে ভাবিছিলো, কোনোবা ৰাজনৈতিক দলৰ লগত যুক্ত হৈ মই কৰিব লগা খিনি কৰিম; কিন্তু ৰাজনৈতিক দলৰপৰা সঁহাৰি নাপালো ৷ অৱশেষত এই চৰম পন্থা ল'বলৈ বাধ্য হৈছো। এইদেৰে কৈ কথাৰ প্ৰসংগ সলনি কৰি কলে- পিন্টু এতিয়া স্কুললৈ যাবপৰা হৈছে নেকি? যোৱাটো ভাদত তাৰ পাঁচ বছৰ পূৰ্ণ হৈছে।

ইতিমধ্যে পিণ্টুৰ মৃত্যু হৈছিল। কিন্তু বিদ্যুতে কথাটো ক'বলৈ টান পালে। সেয়ে সি আভুৱা-ভাঁৰিবলৈ ক'লে- আপুনি ঘৰলৈ গ'লে নিজেই গম পাব। মই এই বিষয়ে বিশেষ নাজানো ।

ঃ কিয় ? তুমি ঘৰত নাথাকা নেকি ?

ঃ ঘৰত নাথাকি থাকিম কত! ঘৰতে থাকোঁ ।

: তুমি আমাৰ ঘৰলৈ নোযোৱা নেকি ?

ঃ যাওঁ। নাযাম কিয়? ইয়ালৈ অহাৰ আগদিনাও গৈছিলো।

আমাৰ ঘৰৰ আটায়ে ভালে-কুশলে আছেতো? পৰেশ চৌধুৰীয়ে ক'লে- পিণ্টুক লগ পাইছিলা নেকি ?

এইবাৰ বিদ্যুতে নিজক চম্ভালিব নোৱাৰিলে। ক'লে সি- পিন্টু নাই পৰেশ দা। সি এইবাৰ আহাৰত মেলেৰীয়া হৈ ঢুকাল ।

পিণ্টুৰ মৃত্যুৰ খবৰ শুনি পৰেশ চৌধুৰীৰ চকু চল্‌চলীয়া হৈ উঠিল। কিছু সময় পাছত সি নিজক চম্ভালি ক'লে- পিণ্টুৰ কাৰণে মনটো বেয়া লাগি আছিল। সিয়ে আছিল মোৰ মায়াৰ বান্ধোন। সি নাই যেতিয়া, এতিয়া আৰু মোৰ কোনো বান্ধোন নাই। আগতে পিন্টুৰ কথা ভাবিয়ে কেতিয়াবা ঘৰলৈ যোৱাৰ কথা ভাবিছিলো, কিন্তু সি নাই যেতিয়া ঈস্পিত লক্ষ্যত উপনীত নোহোৱালৈকে আৰু ঘৰলৈ নাযাও, জীৱনৰ অন্তিম মুহূৰ্তলৈকে সংগ্ৰাম কৰি যাম।

কথাবোৰ কওঁতে পৰেশ চৌধুৰীৰ চকুত বিৰাজ কৰি আছিল এক ধৰণৰ উদাস দৃষ্টি। সেই দৃষ্টিত যেন হাজাৰ যোজন অতিক্ৰম কৰিবপৰা এক অন্তর্দৃষ্টি নিহিত হৈ আছিল ।

বিদ্যুতে যুক্তি দাঙি ধৰিলে- কিন্তু প্রমীলা বাইদেউতো আপোনাৰ অপেক্ষাত বাট গণি আছে, বাইদেউৰ প্ৰতি জানো আপোনাৰ কৰ্তব্য নাই?

পৰেশ চৌধুৰী খন্তেক মনে মনে থাকি হুমুনিয়াহ কাঢ়ি ক'লে- বেচেৰী! জীৱনত এইটোৱে মই ডাঙৰ অপৰাধ কৰিছো। মোৰ যি মানসিকতা মই আচলতে বিয়া কৰাবই নালাগিছিল। এৰি দিয়া শৰতো আৰু ঘূৰাই আনিব নোৱাৰি। তাইৰ কাৰণে মোৰ বৰ দুখ হয়; কিন্তু কি কৰিবা, উপায় নাই! তাইক মোৰ কাৰণে চিন্তা কৰিবলৈ মানা কৰিবা ৷

কিন্তু আপুনি এতিয়া আছে ক? কি কৰি আছে? এইদৰে প্ৰশ্ন কৰিয়ে বিদ্যুতে ঠিকনা বিচাৰিলে আপোনাৰ ঠিকনা দিয়ক। ঠিকনা দিলে এইফালে আহিলে কেতিয়াবা আপোনাৰ লগত দেখা কৰি যাব পাৰিম ।

পৰেশ চৌধুৰীয়ে হাঁহি মাৰি ক'লে- ঠিকনা! বিপ্লৱীৰ জানো ঠিকনা থাকে ! যেতিয়া য'ত আছো, তেই মোৰ ঠিকনা।

গৌৰাংগই পৰেশ চৌধুৰীৰ জীৱন-কাহিনী থূলমূলকৈ কৈ কলে- বিদ্যুত ঘৰলৈ আহি কথাটো সকলোকে জনাইছিল। মহাদেৱে তাক বিচাৰিও গৈছিল; কিন্তু তাক লগ পোৱা নাছিল ৷

কিন্তু প্রমীলা বাইদেৱৰ কপাল উকা কিয়? মই সুধিলো ।

গৌৰাংগই কলে- ইয়াৰ পাছত মইও পৰেশ চৌধুৰীৰ সন্ধান উলিয়াবলৈ বহু যত্ন কৰিছো, কিন্তু সম্ভৱ হোৱা নাই। এবাৰ গুৱাহাটীলৈ যাওতে হোটেলত ডেকা এজনক লগ পাইছিলো। ডেকাজন আগতে কোনোবা বিপ্লৱী সংগঠনৰ সদস্য আছিল। বৰ্তমান আত্মসমৰ্পণ কৰিছে। পৰেশ চৌধুৰীৰ বিষয়ে সি কিবা জানে নেকি বুলি সোধাত সি কৈছিল- পৰেশ চৌধুৰী এটি বিপ্লৱী দলৰ সদস্য আছিল। সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে বুজোৱা গোষ্ঠীৰ শাসন-শোষণৰপৰা দেশৰ জনতাক মুক্ত কৰাই আছিল আমাৰ দলৰ উদ্দেশ্য। ময়ো সেই দলৰ সদস্য আছিলো ৷ কিন্তু হিংসাৰে কোনো সমস্যা সমাধান কৰা সম্ভৱ নহয় বুলি উপলব্ধি কৰিব পাৰি মই অৱশেষত আত্মসমৰ্পণ কৰিছো। চৰকাৰে বৰ্তমান দলটো নিষিদ্ধ ঘোষণা কৰিছে। নিষিদ্ধ ঘোষণা কৰাৰ পাছত চৰকাৰে আমাৰ দলৰ বিৰুদ্ধে কেবাবাৰো অভিযানো চলাইছে। সেই অভিযানতে পৰেশ চৌধুৰী নিহত হোৱা বুলি মই শুনিছো । ঘটনাটো ঘটিছে মই আত্মসমৰ্পণ কৰাৰ পাছত । সেয়ে মই সঠিকভাবে ক'ব নোৱাৰিম৷ মই মোৰ পূৰ্বৰ সতীৰ্থ এজনৰ পৰাহে কথাটো জানিব পাৰিছো। কথাটো হেনো ৰেডিওতো প্ৰচাৰ হৈছিল।

ঘৰলৈ আহি মই কথাটো মহাদেউক জনালো। ঘটিলেহে হেনো ৰটেবুলি মহাদেৱেও কথাটো বিশ্বাসত ল'লে । প্রমীলা বাইদেৱে কিন্তু কথাটো বিশ্বাস নকৰিলে। সকলোৱে তাগিদা দিয়া সত্ত্বেও তাই মূৰৰ সেন্দূৰ মচিবলৈ অস্বীকাৰ কৰিলে। দুমাহমান আগৰ পৰাহে তাই সেন্দূৰৰ ফোঁট ল'বলৈ এৰিছে। তাই কি ভাবিলে নাজানো, দুমাহমান আগত এদিন গা-ধুই অহাৰ পাছত তাই আৰু সেন্দূৰৰ ফোঁট নল'লে। এনেকৈয়ে অৱশেষত তাই ভাগ্যক সুঁৱৰি নিৰ্মম সত্যটো মানি লৈছে।

এক বিৰল প্ৰতিভা অকালতে মৰহি গ'ল। ইমান সময় মনে মনে শুনি থকাৰ পাছত মই মন্তব্য কৰিলো ৷

এৰা গৌৰাংগই কলে- লগতে প্রমীলা বাইদেউৰ মূৰত অভিশপ্ত জীৱনৰ বোজা জাপি দি গ'ল৷

কপালেই গোপাল ৷ কপালৰ লিখন খণ্ডাবি কেনেকৈ? মই সান্ত্বনা দিয়াৰ কাৰণে কলো ৷

কপাল অর্থাৎ ভাগ্য আত্মপ্ৰৱঞ্চনাহে মাথোন। আচলতে কর্মইহে মানুহক নিয়ন্ত্ৰণ কৰে। ভিনদেউ বিপ্লৱী সংগঠনত যোগাদন নকৰিলে কেতিয়াও এনেকুৱা বিড়ম্বনা নহ'লহেঁতেন। গৌৰাংগই মন্তব্য কৰিলে।

এৰা, তথাপিও কিন্তু মানুহে যুগ যুগ ধৰি ভাগ্য বিশ্বাস কৰি আহিছে।

এয়া বিফলতা ঢাকিবলৈ মানুহৰ অপপ্ৰয়াসহে মাথোন। বিফল হ'লেই মানুহে ভাগ্যক ধিয়াই আত্মসন্তুষ্টি লাভ কৰে। গৌৰাংগই এইদৰে মন্তব্য কৰি ক'লে- মহাদেউৰ মৃত্যুৰ বয়স হোৱা নাছিল । ভিনদেউৰ মৃত্যুৰ শোকতে তেওঁ মৃত্যুক সাৱটি ল'লে।

এৰা, মানুহৰ কৰ্মৰ ফলতো মৃত্যু চমু চাপি আহে। এইদৰে কৈ মই কপাললৈকে হাত তুলি অদৃশ্য ভগবানক সেৱা জনাই ক'লো- শোক যদি দিছা প্রভু সহিবলৈ শক্তি দিয়া।

                      সাত

সিদিনা বিদ্যালয়পৰা আহি চাহ-পানী খাই ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এপাক মাৰাৰ কাৰণে ওলাই আহিলো । কিছুদূৰ অহাৰ পাছতে এজোপা আঁহত গছক কেন্দ্ৰ কৰি কপৌ চৰাই কিছুমান উৰি থকা দেখিলো । আঁহত গছজোপা এডোখৰ মুকলি ঠাইত । কিছুদূৰ আগবাঢ়ি অহাৰ পাছত বাৰ তেৰ বছৰীয়া ল'ৰা এজনক উৎকণ্ঠিতভাবে চৰাই জাকলৈ লক্ষ্য কৰি থকা দেখিলো। ল'ৰাজনৰ হাতত বাটলুগুটি। বাটলুগুটিয়ে যে চৰাইজাকৰ অশান্তিৰ কাৰণ এই কথা উপলব্ধি কৰিবলৈ মোৰ অসুবিধা নহ'ল। মই আঁহতজোপাৰ কাষ পাওঁ মানে দুই এটাকৈ কপৌ পুনৰ গছডালত বহিবলৈ আৰম্ভ কৰিছিল। গছৰ তলত ৰৈ থকা ল'ৰাজনক ম‍ই চিনিব পাৰিলো । নাৰায়ণ। সিদিনা কনৰাত লগ পোৱা ল'ৰাজননাৰায়ণৰ উৎপাতৰ কাৰণেই কপৌজাক তেনেকৈ উৰি থকা বুলি উপলব্ধি কৰিবলৈ মোৰ পলম নহ'ল ৷

কপৌজাকে হয়তো অলপ আগতেও গছজোপাত বহি শান্তিৰে জিৰণি লৈ আছিল। কোনোটোৱে পিঠিত মূৰ গুজি অলসভাবে বহি আছিল, কোনোটোৱে আকৌ নানা অংগী-ভংগীৰে সংগিনীৰ মন ভোলাবলৈ যত্ন কৰি আছিল । নাৰায়ণে বাটলু গুটি মাৰাৰ ফলতেই হয়তো নিৰাপত্তাৰ খাতিৰত তেনেকৈ উৰা মাৰিবলৈ বাধ্য হৈছে। এজনৰ য'ত তৃপ্তি, আনজনৰ তাত অশান্তি। সাধাৰণ এমোকোৰা মঙহৰ কাৰণে নিৰীহ শান্তিপ্রিয় প্রাণীবোৰ যধে-মধে হত্যা কৰি আমি মানুহবোৰ যে জীৱশ্ৰেষ্ঠ তাকে প্রতিপন্ন কৰিৰবলৈ কেতিয়াবা নিষ্ঠুৰ হৈ উঠোঁ। পদদলিত কৰোঁ জীৱশ্ৰেষ্ঠ মানুহৰ অহমিকা।

মই গছজোপাৰ গুৰি গৈ নৌপাওঁতেই নাৰায়ণে পুনৰ কপৌজাকলৈ টোঁৱাই বাটলু গুটি মাৰিলে। এই ছেগতে মই গৈ নাৰায়ণৰ কাষ পালোহি। মই নাৰায়ণক দেখিলেও কপৌজাকৰ প্ৰতি লক্ষ্য কৰি থকাৰ কাৰণে সি মোক দেখা নাছিল। মই একেবাৰে তাৰ কাষ পোৱাৰ পাছতহে সি মোৰ উপস্থিতিৰ উমান পালে।

মই কিবা কোৱাৰ আগতেই সি মোক দেখি লাজ মিহলি কণ্ঠত কলে- ছাৰ, আপুনি ! বজাৰলৈ গৈ আছে নেকি?

নাৰায়ণ মই শিক্ষকতা কৰা বিদ্যালয়খনৰে এম, , শাখাত পঢ়ে। মই তাক নপঢ়ুৱাও যদিও সি মোক ছাৰবুলি সম্বোধন কৰে ৷

নাই নাই, এনেয়ে ফুৰিবলৈ ওলাই আহিছো। ম‍ই নাৰায়ণৰ প্ৰশ্নৰ উত্তৰত ক'লো- আবেলি ব্ৰহ্মপুত্ৰৰৰ পাৰে পাৰে ফুৰি ভাল লাগে দিয়াচোন। আবেলিৰ নদখনৰ সৌন্দৰ্যই বেলেগ, নে কি কোৱা ?

নাৰায়ণে মন্তব্য কৰিলে- আমি কেঁচুৱাৰে পৰা চাই অহাৰ কাৰণে নদখনৰ সৌন্দৰ্য তেনেকৈ অনুভৱে কৰিব নোৱাৰো, ছাৰ। সদায় দেখি থকাৰ কাৰণে হয়তো আমাৰ ওচৰত নদখন তেনেই সাধাৰণ যেনেই লাগে।

এৰা, সদায় হাতৰ ওচৰত পাই থকা বস্তুৰ প্ৰতি মানুহৰ স্পৃহা কম থাকে। মই এইদৰে নাৰায়ণক শলাগি বাটলুগুটিলৈ লক্ষ্য কৰি ক'লো- মাৰিব পাৰিলা জানো?

নাই ছাৰ- নাৰায়ণে হতাশ কণ্ঠত কলে- মোৰ বাটলুগুটি মৰাৰ অভ্যাস নাই। স্কুলৰপৰা আহি এনেয়ে বহি আছিলো, কপৌজাক দেখি স্ফূর্তিতে ওলাই আহিছো।

তোমাৰ স্ফূৰ্তিত চৰাইজাকৰ কিমান অশান্তি হৈছে মন কৰিছা জানো? মই উপদেশৰ সুৰত ক'লো- এইবোৰ ভাল নহয়। আগলৈ এনেকুৱা নকৰিবা।

মই আগবাঢ়িলো। নাৰায়ণে মোক পিছফালৰপৰা মাতি ক'লে- আমাৰ ঘৰলৈ বলক, ছাৰ। এইদৰে কৈয়ে সি ওচৰত থকা ঘৰখনলৈ আঙুলিয়াই ক'লে- সৌখনেই আমাৰ ঘৰ, ছাৰ

নাৰায়ণৰ প্ৰস্তাৱটো মোৰ বেয়া নালাগিল । ইফালে চম্পা বাইদেৱেও কেইদিনমানৰপৰা সিহঁতৰ ঘৰলৈ আহিবলৈ মোক কুতুৰি আছিল ৷ কিন্তু তাইৰ সেই অনুৰোধ ৰক্ষা কৰিবপৰা নাই। নাৰায়ণে কৈছে যেতিয়া এই ছেগতে প্রমীলা বাইদেৱহঁতৰ ঘৰখন চাই যোৱাটো বেয়া নহব বুলি ভাবিলো৷ কথাটো শুনিলে বাইদেৱেও ভাল পাব। সেয়ে বিশেষ আপত্তি নকৰাকৈ ক'লো- বাৰু, লা, চাই যাওঁ তোমালোকৰ ঘৰখন।

আমি দুয়ো গৈ নঙলামুখ পাওঁতেই এগৰাকী মহিলা ঘৰৰ ভিতৰৰপৰা ওলাই আহিল। বগা সাজ, উকা কপাল। চকুত উদাস দৃষ্টি। সংসাৰৰ ঘাত-প্রতিঘাতে যেন মহিলাজনীক ৰহস্যময়ী কৰি তুলিছে। মোৰ উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল যে মাহিলাজনী নাৰায়ণৰ মাক ৷ মহিলাগৰাকীৰ বিষয়ে গৌৰাংগৰ মুখৰপৰা মই বহু কথা শুনিছো যদিও আজিহে প্ৰথম দেখাৰ সৌভাগ্য হ'ল। মহিলা গৰাকীৰ নামো ম‍ই গৌৰাংগৰ পৰাই জানিছিলো- সুলতা চৌধুৰী। আগৰবাৰ আহোঁতে সুলতা চৌধুৰী ঘৰত নাছিল। সৰুজনী জীয়েকক থ'বলৈ গুৱাহাটীলৈ গৈছিল। সৰুজনী জীয়েকৰ নাম নমিতা। তাই গুৱাহাটীত কৃষাণুহঁতৰ ঘৰত থাকি তাৰে কোনোবা এখন বিদ্যালয়ত অধ্যয়ন কৰি আছিল ।

নাৰায়ণে নঙলামুখৰ পৰাই মাত লগালে- মা, আমাৰ নতুন ছাৰ আহিছে। সিদিনা মই এইজন ছাৰৰে বিছনাপত্ৰ চাইকেলৰে কঢ়িয়াই আনিছিলো।

ইতিমধ্যে আমি নঙলা পাৰ হৈ বাৰাণ্ডাৰ কাষ পাইছিলোহি।

ভালেই কৰিছ! সুলতা চৌধুৰীয়ে এইদেৰে নাৰায়ণক শলাগি মোলৈ উদ্দেশ্য কৰি ক'লে- আহক, বহকহি।

বাৰাণ্ডাত তিনিখন চকী পাৰি থোৱা আছিল। সুলতা চৌধুৰীয়ে চকীবোৰলৈ আঙুলিয়াই ক'লে- বাণ্ডাতে বহকহি। বিজুলিৰ ব্যৱস্থা নাই কাৰণে ঘৰৰ ভিতৰত দিনৰ পোহৰতো আন্ধাৰ হৈ থাকে ।

ম‍ই বিনাদ্বিধাই চকী এখনত বহি পৰিলোঁ।

সুলতা চৌধুৰী ব্যস্তভাবে ঘৰৰ ভিতৰলৈ সোমাই গৈ নাৰায়ণক মাতিলে- নাৰায়ণ, শুনচোন!

নাৰায়ণ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। খন্তেক পাছতে ভিতৰৰপৰা ওলাই আহি ক'লে- বহক, ছাৰ। ম‍ই যাম আৰু আহিম ৷

এইদৰে কৈয়ে সি চোতালত ষ্টেণ্ড কৰি থোৱা চাইকেলখন লৈ নঙলা পালেহি। নঙলামুখৰ পৰা সি মোৰ ফালে উভতি চাই অনুৰোধৰ সুৰত ক'লে- ছাৰ, মই ঘূৰি নহাৰ আগতে নাযাব কিন্তু ৷

নাযাওঁ বাৰু । তুমি চিন্তা কৰিব নালাগে। এইদৰে আশ্বাস দিয়ে মই সঁকীয়াই দিলো- লাহে-ধীৰে যাবা, যি ধৰণৰ ওখোৰা-মোখোৰা ৰাস্তা!

নাৰায়ণ চাইকেলখন লৈ ওলাই গ'ল। মই বাৰাণ্ডাত বহি ঘৰখনৰ বিষয়ে মোটা-মুটি চাৰ্ভে চলালো। তিনিটা ঘৰ ৷ আটাই কেইটা খেৰৰ ৷ ঘৰৰ বেৰবোৰ মাটিৰে লেপা। বাৰাণ্ডাৰ বেৰত বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো ওচৰা-উচৰিকৈ আঁৰি থোৱা আছে। ঘৰখনৰ মালিক যে অভিনয় আৰু কলাৰ সাধক ফটোবোৰে তাকেই সোঁৱৰাই দিয়ে। গুণীয়েহে গুণীৰ মোল বুজে। সচৰাচৰ বঙালী মানুহৰ ঘৰত ৰবীন্দ্ৰ নাথ ঠাকুৰ, ৰামকৃষ্ণ পৰমহংস, নজৰুলৰ ফটোহে থাকে। ইয়াত তাৰ ব্যতিক্ৰম দেখা গ'ল। কিন্তু অভিনয়, কলা-সংস্কৃতি, সংগীতৰ প্ৰতি উৎসৰ্গিত প্ৰাণ ব্যক্তি এজনৰ ঘৰত ৰবীন্দ্ৰ নাথ ঠাকুৰ, ৰামকৃষ্ণ পৰমহংসৰ ফটো নাথাকিব ই কেনে কথা! ঘৰৰ ভিতৰত নিশ্চয় থাকিব লাগে। এইদৰে মনে মনে ভাবি মই ঘৰৰ ভিতৰ ফালে লক্ষ্য কৰিলো ৷ কাৰণ বাৰাণ্ডাৰ পৰা ঘৰৰ ভিতৰৰ ভালেখিনি অংশ দেখা যায় ৷ মই ভবা মতেই ঘৰৰ বেৰত ৰবীন্দ্ৰ নাথ ঠাকুৰ, ৰামকৃষ্ণ পৰমহংসৰ ফটো দেখা গ'ল। ফটো দুখনৰপৰা অলপ নিলগত আন এখন ফটো। ফটোখন দেখিয়ে মই চিনিব পাৰিলো। ফটোখন আন কাৰো নহয়, হৰেণ চৌধুৰীৰ ।

হৰেণ চৌধুৰী অঞ্চলটোৰ বিখ্যাত অভিনেতা। চখৰ অভিনয় কৰিছিল তেওঁ। বঙালী মানুহৰ বাৰ মাহত তেৰটা পাৰ্বণ লাগিয়ে থাকে। সেই পাৰ্বণবোৰত নিজে লাগি-ভাগি নাটক মঞ্চস্থ কৰিছিল তেওঁ। আগৰবাৰ আহোঁতে তেতিয়া লক্ষ্মীপূজা আছিল । সিবাৰ তেওঁলোকে দুখন নাটক মঞ্চস্থ কৰিছিল। তেতিয়াই মোৰ হৰেণ চৌধুৰীৰ অভিনয় চোৱাৰ সৌভাগ্য হৈছিল। তেওঁৰ অভিনয় চাই সিবাৰ ম‍ই অভিভূত হৈ পৰিছিলো। তেওঁ যে ইমান বলিষ্ঠ আৰু সাৱলীল অভিনয় কৰিব পাৰে প্ৰথমতে মই বিশ্বাসে কৰিব পৰা নাছিলো। কোনো ড্রামা স্কুলত অভিনয় শিকা নাই, স্বতস্ফূর্তভাবে নিজে শিকি ইমান সাৱলীল তথা নিখুঁত অভিনয় কৰাটো সহজ কথা নহয়৷ পদচালনা, বাচন ভংগীৰ এক অপূৰ্ব সামঞ্জস্যৰে চৌধুৰীৰ অভিনয় আছিল জীৱন্ত। সেই অভিনয় যিকোনো প্ৰথম শ্ৰেণীৰ অভিনেতাৰ বাবেই ঈৰ্ষাৰ বস্তু আছিল ।

খন্তেক পাছতে সুলতা চৌধুৰী বাহিৰলৈ ওলাই আহি চকী এখনত বহিল।

অচিনাকি মহিলা এগৰাকীৰ লগত কেনেকৈ কথা-বতৰা আৰম্ভ কৰিম তাকে ভাবি থাকোঁতেই সুলতা চৌধুৰীয়ে মোৰ ফালে সপ্রশংস দৃষ্টিৰে চাই ক'লে- ক্লাছ কৰি আছে নেকি?

হয়, কৰি আছো! মই সেমেনা-সেমেনি কৰি ক'লো ৷

আপুনি প্ৰথম দিনা আহোঁতেই মই নাৰায়ণৰ মুখৰপৰা আপোনাৰ কথা জানিব পাৰিছো। এইদৰে কৈয়ে তাই মন্তব্য কৰিলে- বৰ ভাল হৈছে। অনুন্নত অঞ্চল, সতকাই শিক্ষক পোৱা টান। আপুনি অহাত এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মহৎ উপকাৰ হৈছে।

পৰীক্ষা দি ম‍ই ঘৰতে এনেয়ে বহি আছিলো। মই ক'লো- ইয়াত মোৰো স্বাৰ্থ নথকা নহয়। ঘৰত অলসভাবে বহি থকাতকৈ ব্যস্ততাপূর্ণ জীৱন এটা পাই ময়ো ভালেই পাইছো দিয়কচোন ।

আমাৰ কথা-বতৰা চলি থাকোঁতেই নাৰায়ণ বজাৰৰপৰা আহিল। সি চাইকেলখন ষ্টেণ্ড কৰি থৈ মাকৰ হাতত বিস্কুটৰ পেকেট এটা দিলে। সুলতা চৌধুৰীয়ে নাৰয়ণৰ হাতৰপৰা বিস্কুটৰ পেকেটটো লৈ ক'লে- খন্তেক বহক, মই আহি আছো।

সুলতা চৌধুৰী ঘৰৰ ভিতৰলৈ সোমাই গৈ চাপৰ মেজ এখন আনি মোৰ সন্মুখত থ'লে। তাৰ পাছত পুনৰ ঘৰৰ ভিতৰলৈ সোমাই গৈ চাহ লৈ ওলাই আহিল। চাহৰ ট্ৰেখন মেজৰ ওপৰত নমাই থৈ তাই দৈন্যতা প্রকাশ কৰি ক'লে- সুদা বিস্কুটেৰেই খাব লাগিব। চাহৰ লগত দিয়াৰ কাৰণে ঘৰত কোনো বস্তু নাছিল। সেয়ে নাৰায়ণক বজাৰলৈ পঠাই বিস্কুট অনালো। গতিকে আপুনি বহু সময় বহিব লগা হ'ল।

মই বাধা দি ক'লো-নাই নাই, একো অসুবিধা হোৱা নাই। এই চেগতে আপোনাৰ লগত কথা পতাৰ সৌভাগ্য হ'তদুপৰি চাহৰ দৰ্কাৰে নাছিল, এই মাত্ৰ চাহ খাই ওলাই আহিছো।

কোনোদিনে নহা মানুহ এজন হঠাৎ আমাৰ ঘৰলৈ আহিছে, একেবাৰে সুদা মুখত বিদায় দিলে মোৰ ভাল লাগিলহেঁতেন জানো! বিশেষকৈ নাৰায়ণেতো মোৰ চুলিয়ে চিঙিলেহেঁতেন। সি আপোনাৰ প্ৰশংসাত একেবাৰে পঞ্চমুখ।

মই নাৰায়ণৰ প্ৰশংসাৰ কাৰণ উপলব্ধি কৰিব নোৱাৰিলো। কাৰণ ইয়ালৈ অহাৰ পাছত এনে কোনো কাম কৰা নাই যে, যাৰদ্বাৰা ম‍ই প্রশংসিত হ'ব পাৰো। সেয়ে মই বিস্মিত কণ্ঠত কলো- মোৰ প্ৰশংসা! মই এনেকুৱা কি কাম কৰিলো, যাৰ বাবে নাৰায়ণে মোক প্ৰশংসা কৰিছে?

আপুনি সিদিনা হেনো সিহঁতক ইংৰাজী শিকাইছিল! সুলতা চৌধুৰীয়ে ক'লে- ক্লাছৰ আটায়ে আপোনাৰ শিকনি ভাল পাইছে।

কথাটো মোৰ মনত পৰিল । সিদিনা মোৰ ক্লাছ নাছিল। সিফালে ষষ্ঠ শ্রেণীত ইংৰাজীৰ শিক্ষক নাছিল। ফলত ল'ৰা-ছোৱালীবোৰে হাই- উৰুমি কৰি আছিল । সেয়ে স্বতঃস্ফূর্তভাবে সিহঁতৰ ইংৰাজীৰ ক্লাছটো লৈছিলো। ক'লো মই- অমনত পৰিছে। সিদিনা সিহঁতক ইংৰাজীৰ বাক্য-গঠন প্রণালী শিকাইছিলো।

সি হেনো এতিয়া ইংৰাজী বাক্য গঠন কৰিব পৰা হৈছে। সুলতা চৌধুৰীয়ে ক'লে- সি ইংৰাজীত অলপ দুৰ্বল। ইফালে টকা-পইচাৰ অভাৱৰ কাৰণে টিউচন ৰাখি দিব পৰা নাই। আগতে তাৰ দেউতাকেই যি পাৰে শিকাইছিল। দেউতাৰ ঢুকোৱাৰ পাছৰপৰা সি লাহে লাহে ইংৰাজীত আৰু দুৰ্বল হৈ গৈছে।

হৰেণ চৌধুৰী ঢুকোৱাৰ কথা মই জানো যদিও মৃত্যুৰ কাৰণ নাজানো । সেয়ে এই সুযোগতে কথাটো সুধি পেলালো- চৌধুৰীৰ কি অসুখ হৈছিল? সিবাৰ আহোঁতে দেখোন আটিল কর্মঠ মানুহজন দেখি গৈছিলো। হঠাৎ এনে কি অসুখ হৈছিল যে অকালতে.....

মই ইচ্ছাকৃতভাবে বাক্যটো শেষ নকৰিলো। সুলতা চৌধুৰীয়ে হুমুনিয়াহ কাঢ়ি কলে- হাৰ্টৰ অসুখ হৈছিল। অভিনয় বলিয়া মানুহ। আহিন মাহৰ পৰাই নাটকৰ আখড়া আৰম্ভ কৰিছিল। মাঘৰ শেষলৈকে নাটক লৈ ব্যস্ত হৈ থাকিছিল। নিশা উজাগৰে থকাৰ লগতে জোৰে জোৰে বচন মাতাৰ ফলত হেনো হাৰ্টৰ অসুখ হৈছিল। অভাৱৰ সংসাৰ। তথাপিও পাৰোঁ মানে চিকিৎসা পাতি কৰালোঁ, কিন্তু একোতে একো নহ'ল। কিনো কৰিম! কপাল! কপালৰ লিখন খণ্ডাব কোনে? সুলতা চৌধুৰীয়ে কথাফাকি শেষ কৰি কপাললৈকে হাত তুলিলে।

চৌধুৰীৰ এই অঞ্চলত ভাল সুনাম আছিল । সেয়া মই এই কেইদিনতে উপলব্ধি কৰিব পাৰিছোঁ। মই প্ৰশংসাৰ সুৰত ক'লো- চকুৰ আঁতৰ হ'লেও চৌধুৰী কিন্তু এই অঞ্চলৰ মানুহৰ মনৰ আঁতৰ হোৱা নাই। তেওঁৰ অভিনয় প্ৰতিভাৰ কথা কিংবদন্তিৰ দৰে এই অঞ্চলৰ মানুহৰ মুখে মুখে প্রচলিত ।

সাংসাৰিক জীৱনত সফল নহ'লেও অভিনেতা হিচাপে তেওঁ সঁচাকৈয়ে সফল আছিল। সুলতা চৌধুৰীয়ে হুমুনিয়াহ কাঢ়ি কলে- মানুহজন খুবেই অভিনয় বলিয়া আছিল। যাত্রা-নাটকৰ কথা শুনিলে খোৱা-শোৱাৰ কথা পাহৰি গৈছিল। সুলতা চৌধুৰীয়ে এইদৰে মন্তব্য কৰি হৰেণ চৌধুৰীৰ জীৱনৰ খুঁটি-নাটি কথাবোৰ দ্বিধাহীনভাবে কৈ যাবলৈ ধৰিলে। মনৰ আবেগ আনৰ আগত প্ৰকাশ কৰিলে হেনো মনৰ পূঞ্জীভূত বেদনা পাতল হয়। সেয়ে হয়তো তাই চৌধুৰীৰ জীৱনৰ টুকুৰা-টুকুৰ স্মৃতি ৰোমন্থন কৰি মনৰ আবেগ পাতলাবলৈ সচেষ্ট হৈ উঠিল। তাই কোনো ধৰণৰ লুক-ঢাক নকৰাকৈয়ে চৌধুৰীৰ জীৱনৰ বহু কথা কৈ গ'ল। মই কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা নকৰি সুলতা চৌধুৰীৰ কথাবোৰ শুনি গ'লো।...........

চাৰিজন ককায়েক-ভায়েকৰ মাজত হৰেণ চৌধুৰী নুমলীয়া আছিল। মাক-বাপেকৰ আলাসৰ লাড়ু। ঘৰৰ অৱস্থাও মোটা-মুটি স্বচ্ছল আছিল। হৰেণ চৌধুৰীৰ দেউতাক নিজে অশিক্ষিত হ'লেও ল'ৰা-ছোৱালীকেইটাক শিক্ষিত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। কিন্তু ওচৰে-পাঁজৰে উপযুক্ত শিক্ষানুষ্ঠান নথকাৰ কাৰণে ডাঙৰ পুতেককেইজন প্ৰাইমাৰীৰ দেওনা পাৰ হৈ আৰু আগবাঢ়িবপৰা নাছিল ৷

হৰেণ চৌধুৰীৰ ক্ষেত্ৰত সুকীয়া ব্যৱস্থা কৰিছিল। প্ৰাইমাৰী পাছ কৰাৰ পাছত বৰপেটা ৰোডত আত্মীয় এজনৰ ঘৰত থৈ তাক লেখা-পঢ়া শিকাইছিল।

বৰপেটাৰোডত পঢ়ি থকা সময়ত হৰেণ চৌধুৰী বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনত একাংকিকাত অভিনয় কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। হৰেণ চৌধুৰী জন্মসূত্ৰে অভিনেতা আছিল। তেওঁৰ দেউতাকেও ভাল অভিনয় কৰিছিল। কলিকতাৰপৰা নাটক আনি সেইবোৰ প্রস্তুত কৰি পূজা-পাৰ্বণত অভিনয় কৰিছিল। কলে হয়তো অত্যুক্তি নহ'ব যে, তেতিয়াৰ বাংলাভাষী হিন্দুৰ প্ৰায় প্ৰতিজনেই ভাল অভিনেতা আছিল৷ নাটক প্ৰস্তুতৰ কাৰণে প্ৰয়োজনত কলিকতাৰ পৰাও নিৰ্দ্দেশক অনা হৈছিল।

বিদ্যালযর দীঘলীয়া বন্ধবোৰত হৰেণ চৌধুৰী ঘৰতে কটায় ৷ ছাত্ৰাৱস্থাৰ পৰাই অভিনয়ৰ লগতে বাহিৰা কিতাপ পঢ়াৰ প্ৰতি তেওঁৰ ৰাপ আছিল। তেতিয়াৰ স্বল্প শিক্ষিত মানুহবিলাকেও লাইব্ৰেৰী স্থাপন কৰি গ্ৰাম্যাঞ্চলৰ মানুহৰ মাজত অধ্যয়নৰ মানসিকতা সৃষ্টি কৰিবলৈ যত্ন কৰিছিল। হৰেণ চৌধুৰীও ইয়াৰ ব্যতিক্ৰম নাছিল। তেওঁ স্থানীয় যুৱককেইজনৰ সহযোগত নৱমিলন সংঘ নামেৰে এটি লাইব্ৰেৰী স্থাপন কৰিলে। সেই একে বছৰতে দূর্গাপূজাত তেওঁলোকে দুখন নাটক মঞ্চস্থ কৰিলে। উক্ত নাটকত অভিনয় কৰি হৰেণ চৌধুৰীয়ে দৰ্শকৰ ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হ'ল। প্ৰশংসাই মানুহক উৎসাহিত কৰে। পৰৱৰ্ত্তী পৰ্যায়ত আৰু অধিক ভাল কিবা এটা কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়। প্ৰথম বছৰৰ অভিনয় সফল হোৱাৰ পাছত তেওঁলোকে বছৰে বছৰে নাটক মঞ্চস্থ কৰিবলৈ ধৰিলে। এইদৰে হৰেণ চৌধুৰী এটা সময়ত এজন দক্ষ অভিনেতা হিচাপে অঞ্চলটোত জনাজাত হৈ পৰিল। শেষত তেওঁ ভ্ৰাম্যমান যাত্রাদলতো অভিনয় কৰিবলৈ ল'লে।

অভিনয়ৰ প্ৰতি ৰাপ বঢ়াৰ লগে লগে সুযোগ পালেই নাটকৰ কিতাপ সংগ্ৰহ কৰি পঢ়িবলৈ ধৰিলে ৷ নাটকৰ কিতাপ পালে তেওঁক আন একো নালাগে, খোৱা-বোৱাৰ কথাও পাহৰি যায় তেওঁ। নাটক পঢ়ি শেষ কৰিব নোৱাৰালৈকে শান্তি নাই। শেষত নাটকৰ লগত দুই এখনকৈ উপন্যাসো পঢ়িবলৈ ল'লে। এনেকৈ এটা সময়ত তেওঁ পাঠ্যপুথিৰ কথা পাহৰিয়ে পেলালে। নাটক উপন্যাস লৈ ব্যস্ত হৈ পৰিল। ফলত পৰীক্ষাত বেয়া কৰিবলৈ ধৰিলে।

এদিনৰ এটি ঘটনাৰপৰা তেওঁৰ কিতাপৰ প্ৰতি থকা ৰাপৰ কথা উমান পোৱা যায় !

হৰেণ চৌধুৰী এবাৰ কিবা এটা জৰুৰী কামৰ বাবে মোমায়েকহঁতৰ ঘৰলৈ গৈছিল। সিদিনাই ঘৰলৈ উভতি অহাৰ কথা! মোমায়েকৰ ল'ৰা তপন তেওঁৰে সমবয়সী। তপন হৰেণ চৌধুৰীকলৈ ওচৰৰে এঘৰলৈ ফুৰিবলৈ গ'ল। ফুৰিবলৈ যোৱা ঘৰখনৰ মানুহজনো অভিনয় বলিয়া । তাৰ সংগ্ৰহত বহু নাটক উপন্যাস আছিল।

হৰেণ চৌধুৰীয়ে মেজৰ ওপৰত নাটক এখন দেখি পঢ়িবলৈ ল'লে । নাটক পাই তেওঁ বাস্তৱ জীৱনৰ কথা পাহৰি গ'ল । এটা সময়ত তপন বিৰক্ত হৈ ক'বলৈ বাধ্য হল- বল ঘৰলৈ যাওঁগৈ। তই হেনো আজিয়ে ঘৰলৈ যাৱ?

চোন! চৌধুৰীয়ে নাটকৰপৰা মূৰ নুতোলাকৈয়ে কলে- এই দৃশ্যটো শেষ কৰি লওঁ ।

আজিয়ে বোলে ঘৰলৈ যাৱ?

যাবতো লাগিবই! পিচে,...... চৌধুৰী খন্তেক ৰৈ হতাশাৰ সুৰত ক'লে- নাটকখন বৰ ভাল লাগিছে অ'শেষ নকৰাকৈ এৰিবলৈকে মন যোৱা নাই। কিবা উপায়ে শেষ কৰিব পাৰিলে ভাল আছিল।

ঘৰৰ মালিকজন চৌধুৰীৰ ওচৰতে বহি আন এখন নাটকত চকু ফুৰাই আছিল। চৌধুৰীৰ কথা শুনি সি ক'লে- এৰা, মোৰো সেই একেই অৱস্থা, কিবা এটা পঢ়িবলৈ আৰম্ভ কৰিলে শেষ নহয় মানে শান্তি নাই। আধৰুৱাকৈ এৰিলে মনটো যেন কিবা উৰুঙা উৰুঙা লাগে৷ মানুহজনে এইদৰে কৈ সমিধান দিলে- বাৰু, তুমি নহ'লে নাটকখন লৈ যোৱাগৈ, পঢ়া শেষ কৰি দি পঠাবা

তেনেহ'লেতো ভালেই হয়। চৌধুৰীয়ে কৃতজ্ঞতা প্রকাশ কৰি ক'লে- আপোনাক কি বুলি যে ধন্যবাদ দিম ভাষাকে বিচাৰি পোৱা নাই ! মাথোন এইখনে নহয়, মোৰ ষ্টকত বহু নাটক, উপন্যাস আছে। বিচাৰিলে আটাইকেইখনে পঢ়িব পাৰিবা। এইদৰে কৈ মানুহজনে চাৰিখনমান নাটক আনি চৌধুৰীৰ সন্মুখত থলে।

হৰেণ চৌধুৰীয়ে যেন হাতত সৰগ ঢুকি পালে। তেওঁ নাটককেইখন লৈ মোমায়েকহ'তৰ ঘৰলৈ আহিল। মাথোন সেই নাটককেইখনে নহয় সিবাৰ চৌধুৰী মোমায়েকহঁতৰ ঘৰত এসপ্তাহ আছিল আৰু মানুহজনৰ ষ্টকৰ সম্পূৰ্ণ নাটক উপন্যাস পঢ়াৰ পাছতহে ঘৰলৈ উভতিছিল৷

এইদৰে নাটক উপন্যাস লৈ ব্যস্ত থাকি অৱশেষত স্কুলীয়া কিতাপ পঢ়াৰ কথা পাহৰিয়ে পেলালে । ফলত এটা শ্ৰেণীত তেওঁ দুই তিনি বছৰকৈ ৰ'ব লগা অৱস্থা হ'ল। শেষত লেখা-পঢ়া এৰিয়ে পেলালে ।

সুলতা চৌধুৰীৰ কাহিনী কোৱা শেষ হোৱাৰ লগে লগে বিছ বাইছ বছৰীয়া ছোৱালী এজনী নঙলা ঠেলি সোমাই আহিল । বব কটা চুলি । পিন্ধোনত চেলোৱাৰ কামিজ। চকুত কলা চছমা। গাৰ বৰণ বগা। কাপোৰ-কানি, চাল-চলন সকলোতে আধুনিকতাৰ চিক্‌মিকনি। যিবোৰ আচলতে গ্ৰাম্যাঞ্চলত সচৰাচৰ দেখা নাযায় ৷

ছোৱালীজনীক দেখি সুলতা চৌধুৰীয়ে অভিযোগৰ সুৰত ক'লে- আজিহে আহিলি! ইণ্টাৰভিউ দেখোন দুদিন আগতে শেষ হোৱাৰ কথা আছিল ।

কৃষাণুদাহঁতৰ ঘৰত দুদিনমান থাকি আহিলো। নবৌৱেতো আহিবকে দিব নুখুজে। ছোৱালীজনীয়ে কৈফিয়তৰ সুৰত ক'লে।

কৃষাণহঁত ভালে-কুশলে আছেতো?

' ভালেই আছে। ছোৱালীজনীয়ে ক'লে- সময় সুযোগ বুজি তোমাক যাবলৈ দিছে।

ছোৱালীজনীয়ে সুলতা চৌধুৰীৰ লগত কথা পাতিলেও তাইৰ দৃষ্টি আছিল মোৰ ফালে ৷ অপৰিচিত ডেকা এজনৰ লগত ঘনিষ্টভাবে কথা পতা দেখি ছোৱালীজনীয়ে হয়তো কৌতূহল অনুভৱ কৰি আছিল। মই ছোৱালীজনীৰ ফালে মূৰ তুলি চোৱাৰ লগে লগে চাৰি চকুৰ মিলন হ'ল। তাই সুলতা চৌধুৰীৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে। সুলতা চৌধুৰীয়ে তাইৰ চকুৰ ভাষা বুজিব পাৰি ক'লে- এওঁ আমাৰ হাইস্কুলৰ শিক্ষক। এসপ্তাহমান আগতে জইন কৰিছে। গৌৰাংগৰ বন্ধু। নৱদ্বীপ মণ্ডল.....।

' হয় নেকি? ছোৱালীজনীয়ে উৎসাহেৰে ক'লে- গৌৰাংগদাৰপৰা আপোনাৰ বিষয়ে মই বহুদিন আগতেই জানিব পাৰিছো ।

হয় নেকি? মই শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে কলো- কি জানিব পাৰিছে মোৰ বিষয়ে?

এইবাৰ ছোৱালীজনী যেন কিছু সংকুচিত হৈ উঠিল। সেমেনা-সেমেনি কৰি ক'লে- নাই, বিশেষ একো নহয়! মানে, আপুনি আমাৰ হাইস্কুলত জইন কৰিব.... গৌৰাংগদাৰ লগত একেলগে পঢ়িছে....এইবোৰ কথা......বিশেষ একো নহয় ৷

মই আকৌ ভাবিছিলো, মই এজন বেয়া..... খঙাল মানুহ, সততে মানুহৰ লগত কাজিয়া কৰোঁ এইবোৰ কথাহে জানিব পাৰিছে। ম‍ই ঠাট্টাৰ সুৰত ক'লো ৷

বৃক্ষ তোমাৰ নাম কি? ফলেই তাৰ পৰিচয় । ছোৱালীজনীয়ে মোৰ লগত সুৰ মিলাই ক'লে- কাঁহ-পিতলৰ ভাল-বেয়া চিনিবা বজাই আৰু মানুহৰ ভাল-বেয়া চিনিবা একেটা পাতত খাই। আহিছে যেতিয়া সেইবোৰ সৎ গুণ থাকিলে নিশ্চয় গম পাম।

নিশ্চয় নিশ্চয়। কিছুদিন পাছত আপোনাৰপৰা মই চাৰ্টিফিকেট বিচাৰিম ৷

আপুনি মোক কিয় আপুনি আপুনি’' কৰি আছে। ছোৱালীজনীয়ে এইদৰে মোক সঁকীয়াই দি ক'লে- মোক আপুনি তুমি বুলি মাতিব । গৌৰংগদাৰ বন্ধু যেতিয়া আপোনাক মই দাদা বুলিয়ে মাতিম, নে কি কয় ?

এই বিষয়ে ম‍ই একো সমিধান নিদিও। মই ক'লো- আপুনি বিচৰা ধৰণে মাতিলেই হ'ব। মোৰ কোনো আপত্তি নাই।

মাজতে সুলতা চৌধুৰীয়ে ক'লে- তহঁতে এনেকৈ চুপতি মাৰি থাকিবি নে, কাপোৰ-কানি সলাই হাত-মুখ ধুবি! যা, কাপোৰ-কানি সলাই হাত-মুখ ধুই আহগৈ ।

বাৰু, আপুনি বহক, মই এতিয়াই আহি আছো ।

ছোৱালীজনী ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত সুলতা চৌধুৰীয়ে ক'লে- নমিতা বৰ কথকী ছোৱালী। সজাই-পৰাই কথা কোৱাত ওস্তাদ। অপৰিচিতৰ লগত ঘনিষ্ট হ'বলৈও সময় নালাগে।

ছোৱালীজনীৰ নাম যে অনিতা সেয়া মই জানিব পাৰিলো ৷ ম‍ই সুলতা চৌধুৰীক শলাগিলো- তাইৰ কথাৰ পৰাই বুজিব পাৰিছো ৷

অনিতা পঢ়া-শুনাতো ভাল আছিল। সুলতা চৌধুৰীয়ে ক'লে- পি, উ পাছ কৰাৰ পাছত বি, ইতো ভৰ্ত্তি হৈছিল। জানো কি হ, এদিন হঠাৎ পঢ়া-শুনা বাদ দি গুৱাহাটীৰপৰা গুচি আহিল । এয়া দেউতাৰা জীয়াই থকা সময়ৰ কথা, দেউতাৰায়ো বহু বুজালে; কিন্তু সকলো অথলে গ'ল । তাই দুনাই পঢ়িবলৈ নগ'ল । তাইৰ একেটাই মাথোন কথা- নাযায় বুলিছে যেতিয়া নাযায়। ছোৱালী মানুহ, পঢ়া-শুনা কৰিনো কি কৰিব ! শেষত গৈ ঘৰ-গৃহস্থালিয়ে চম্ভালিব লাগিব দেখোন। বেছি জুৰ-জুলুম কৰিলে ঘৰৰপৰা গুচি যাব। গতিকে আমি বিশেষ জুৰ-জুলুম নকৰিলো ৷ ফলত পঢ়া-শুনা সিমানতে অন্ত পৰিল। তেতিয়াৰপৰা তাই ঘৰতে আছে। দুটামান টিউচন কৰেএতিয়া সময়বোৰ এনেকৈয়ে পাৰ হৈ আছে।

গুৱাহাটীত থাকি পঢ়া-শুনা কৰাৰ কথা শুনি মই অলপ বিমোৰত পৰিলো। কাৰণ এওঁলোকৰ যি আৰ্থিক অৱস্থা, ছোৱালী এজনীক হোষ্টেলত থৈ পঢ়ুৱাটো সম্ভৱ নহয়। মই উৰহীৰ ওৰ পাবলৈ সুধিলো- তাত হোষ্টেলত থাকি পঢ়িছিল নেকি?

নাই নাই, হোষ্টেলত নহয়, কৃষাণহঁতৰ তাত থাকি পঢ়া-শুনা কৰিছিল। কৃষাণুকতো আপুনি জানেই কিজানি! গৌৰাংগৰ ককায়েক। কেৰাণী। সি গুৱাহাটীতে থাকে।

গুৱাহাটীলৈ কিহৰ ইণ্টাৰভিউ দিবলৈ গৈছিল?

নাৰ্চ ট্রেনিঙৰ কাৰণে দৰখাস্ত কৰিছে, তাৰে ইণ্টাৰভিউ আছিল৷

কাপোৰ-কানি সলাই হাত-মুখ ধুই অনিতা বাৰাণ্ডা পালেহি। মই বহাৰপৰা উঠি কলো- বাৰু, এতিয়া যাওঁ। পাছত লগ পাম

আহি থাকিব কিন্তু ! সুলতা চৌধুৰীয়ে আতিথেয়তাৰ সুৰত ক'লে- আহি থাকিলে ভাল পাম।

নিশ্চয় আহিম। অচিনাকি ঠাই। আপোনালোকৰ বাহিৰে কাকো তেনেকৈ চিনিও নাপাওঁ। তদুপৰি মই প্ৰায় অকলেই থাকিব লাগে। গৌৰাংগ আছে যদিও সি মাহৰ বেছিভাগ সময় সদৰতে থাকিব লাগে স্কুলৰ কামতসেয়ে আপোনালোকে নক'লেও অৱসৰ সময় পাৰ কৰাৰ কাৰণে মাজে মাজে আহি দিগদাৰি দিব লাগিব। এইদৰে কৈ মই নঙলা খুলি ওলাই আহিলোঁ।

অনিতা মোৰ পিছে পিছে আহি নঙলা জপাই ক'লে- কাইলৈ লগ পাম ।

নিশ্চয়। মই ৰহস্যময় হাঁহি মাৰি ক'লো- আপোনাৰ লগত কথা পাতি ভাল লাগিল।

মই ৰাস্তা পালোহি। নীড়মুখী চৰাইৰ জাক এটা হোঁহোঁৱাই মোৰ মূৰৰ ওপৰেদি উৰি গুচি গ'ল ৷

                                                                                          আঠ

সিদিনা সৰু ককাইদেউলৈ বুলি চিঠি এখন পোষ্ট কৰি ঘৰলৈ অহাৰ বাটতে নিখিল পালক লগ পালো। নিখিল পাল এই অঞ্চলৰ লেখত ল'বলগীয়া ধনী মানুহ। ঘৰবোৰ পকী। বিজুলিৰ ব্যৱস্থা নাই যদিও সিহঁতৰ ঘৰত জেনেৰেটৰৰ সহায়ত লাইট ফেন চলে। গেছেৰে ৰন্ধা-বঢ়া কৰে। চহৰ নহ'লেও চহৰৰ আটাইবোৰ আমোদ-প্রমোদৰ উপকৰণ আছে ঘৰখনত।

বাঘবৰলৈ অহাৰ পাছত দ্বিতীয় দিনা এইজন নিখিল পালকে সদৰলৈ গৈ থকা অৱস্থাত লগ পাইছিলো । আজি লগ পালো সদৰৰপৰা ঘূৰি অহাৰ বাটত । সিদিনাও সি বাইকত উঠি আহি আছিল ৷ মোৰ কাষ পাই সি বাইকৰপৰা নামি কলে- কলৈ গৈছিল? এইদৰে প্ৰশ্নটো সুধিয়ে মোৰ উত্তৰলৈ অপেক্ষা নকৰি ক'লে- ফুৰিবলৈ ওলাই আহিছে হবলা !

নাই নাই, ফুৰিবলৈ নহয়। মই ক'লো- ঘৰলৈ বুলি চিঠি এখন পোষ্ট কৰি আহিলো ৷

ঠাইখন ভাল লগা বুলি লিখিলে, নে বেয়া লগা বুলি লিখিলেএইদৰে কৈ সি নিজৰ ৰসিকতাত নিজেই হাঃ হাঃ কৈ হাঁহিবলৈ ধৰিলে। ময়ো ৰসিকতাৰ সুৰতে ক'লো- মধ্যম পন্থা অৱলম্বন কৰিছো। মানে, ভাল আৰু বেয়া দুয়োটা মিলাই লেখিছোঁ।

মইও সেয়া জানো ৷ নিখিল পালে এইবাৰ দাৰ্শনিকৰ দৰে ক'লে- কাৰণ ভাল আৰু বেয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। বেয়াৰ মাজত কিছু ভালো থাকে দিয়কচোন ৷ এইদৰে কৈয়ে কথাৰ প্ৰসংগ সলনি কৰি ক'লে-পিছে, বন্ধুৰ ঘৰতেই থাকিব, নে বেলেগ ক'ৰবাত থকাৰ কথা ভাবিছে?

মই নিখিল পালৰ মুখলৈ চালো। মোৰ প্ৰতিক্ৰিয়া জনাৰ বাবে সি মোৰ ফালেই চাই আছিল । তাৰ ওঁঠত অস্পষ্ট হাঁহিৰ ৰেখা

ম‍ই কি উত্তৰ দিম একো ভাবি উলিয়াব নোৱাৰি কিছু সময় মনে মনে থাকিলো। আচলতে মই এই বিষয়ে একোকে ভবাই নাই এতিয়ালৈকে । প্রমীলা বাইদেৱৰ আতিথেয়তা আৰু গৌৰাংগৰ উৎসাহ দেখি মই এই বিষয়ে একো ভবাৰ অৱকাশে পোৱা নাই। যেতিয়া যি বস্তুৰ প্ৰয়োজন সেয়া সময়মতেই পাই আছো। কাৰো ব্যৱহাৰত কোনো ধৰণৰ কৃত্ৰিমতা নাই। গৌৰাংগই মোক পাই যেন আগতকৈও উৎসাহিত হৈ উঠিছে। দুয়ো একেখন কোঠালিত থাকো। ৰাতি দুপৰলৈকে নানা কথা লৈ ব্যস্ত হৈ থাকো

প্রথম কেইদিনমান প্রমীলা বাইদেৱৰ মনটো স্বাভাৱিকভাবেই এক বিষণ্ণতাই আৱৰি ৰাখিছিল। এতিয়া সেই বিষণ্ণতাও বহু পৰিমাণে আঁতৰ হৈছেআগতে যি সংকুচিত ভাব আছিল সেয়াও বৰ্তমান নোহোৱা হৈছে। মোৰ লগত খোলা-খুলিভাবে কথা পতা হৈছে। গৌৰাংগৰ বাইদেউ হিচাপে মইও তাইক বাইদেউ বুলি মাতো। ফলত তাই মোক ভায়েকৰ দৰেই চেনেহ মৰম কৰে। সময়মতে তাগিদা দি খুৱায়। খোৱাৰ সময়ত ইটো খোৱা, সিটো খোৱা' বুলি আবদাৰ কৰে

সিফালে অনিতাৰ লগতো মোৰ ভাল সম্পর্ক এটা গঢ়লৈ উঠিছে। অনিতা এতিয়া প্ৰায়ে গৌৰাংগহঁতৰ ঘৰলৈ আহে। আমি দুয়ো নানা কথা আলোচনা কৰো৷ আমাৰ আলোচনাৰ মাজত ঘৰুৱা কথা-বতৰাৰপৰা আৰম্ভ কৰি শিক্ষানীতি, সমাজনীতি, ৰাজনীতি, অর্থনীতি আদি বিষয়ে ঠাই পায়। মতৰ অমিল হ'লে কেতিয়াবা নিজৰ যুক্তি প্রতিষ্ঠা কৰাৰ কাৰণে আমাৰ মাজত তর্কও হয়।

অনিতা বুদ্ধিমতী ছোৱালী। সমসাময়িক বহু কথাই জানে তাই। উপযুক্ত সুযোগ-সুবিধা পালে তাই বহু উন্নতি কৰিব পাৰিলেহেঁতেন। কলেজত থাকোঁতে হেনো তাই কোনোবা ৰাজনৈতিক দলৰ লগতো জড়িত হৈছিল। লেখা-পঢ়াতো বেয়া নাছিল। পঢ়ি থাকিলে অনায়াসে বি এ, এম, এ পাছ কৰিব পাৰিলেহেঁতেন।

এদিন লেখা-পঢ়া বাদ দিয়াৰ কাৰণ সোধাত তাই মোৰ ফালে অন্তৰ চুই যোৱাকৈ চাই কৈছিল- কবই লাগিব নেকি? এই বিষয়ে ম‍ই কমেও পঞ্চাচজনৰ প্ৰশ্নৰ সন্মুখীন হৈছো। কিন্তু কাকো ম‍ই প্ৰকৃত ঘটনাৰ কথা কোৱা নাই।

ঘটনা! নালাগে। অসুবিধা থাকিলে কোৱাৰ প্ৰয়োজন নাই। মই অনিতাৰ সুৰত সুৰ মিলাই ক'লো ।

অসুবিধা! তাই খন্তেক ৰৈ ক'লে- অসুবিধা একো নাই। আচলতে কথাটো কোৱাৰ প্ৰয়োজনে বোধ কৰা নাই। কাৰণ এনে বহু বিষয় আছে যিবোৰ মানুহৰ লগত শ্বেয়াৰ কৰিব নোৱাৰি। কৰিলেও তাত বিভিন্ন জনে বিভিন্ন ধৰণৰ দৃশ্য দেখা পায়। নিজৰ কল্পনাৰে দৃশ্যটো সজাই অধিক কুঁৱলিময় কৰি তোলে ৷ তাতকৈ মৌনতা অৱলম্বন কৰাটোৱে শ্ৰেষ্ঠ বুলি ভাবি মই এতিয়ালৈকে কথাটো কাকো কোৱা নাই। অৱশ্যে আপোনাৰ কথা সুকীয়া ৷ হয়তো মই লেখা-পঢ়া এৰি অহাৰ কাৰণে আপুনিও মোৰ বিষয়ে বহু কথাই ভাবি লৈছে। ভবাটোৱে স্বাভাৱিক । মইও তাকেই কৰিলোহেঁতেন।

ম‍ই কিবা কোৱাৰ কাৰণে মুখ মেলিবলৈ লওঁতেই তাই বাধা দি কৈ উঠিল- মই যি ক'ম আপুনি সেই বিষয়ে একো মন্তব্য কৰিব নালাগে ৷ .আৰম্ভ কৰিলে অনিতাই -

শুনক..........

সন্দীপ মণ্ডল। নবৌৰ ভায়েক। কলেজত পঢ়ে। হোষ্টেলত থাকে। দেউতাক অগাধ সম্পত্তি। ফলত কিছু উতনুৱা স্বভাৱৰ। সি এদিন নবৌহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। সিদিনাই তাৰ লগত মোৰ প্ৰথম পৰিচয় । সি মোৰ লগত উপযাচি কথা পাতিলে। ভদ্ৰতাৰ খাতিৰত ময়ো তাৰ লগত স্বাভাৱিকভাবেই কথা পাতিলো। কিন্তু তাক মই সহজভাবে ল'ব নোৱাৰিলো। সন্দীপৰ স্বভাৱ চঞ্চল। মই সৰুৰে পৰাই চঞ্চল স্বভাৱৰ মানুহক ভাল নাপাও । কাৰণ চঞ্চলমতি মানুহে কেতিয়াও সঠিক সিদ্ধান্ত ল'ব নোৱাৰে বুলি মোৰ বিশ্বাস। ফলত সিহঁতে বহু সময়ত ভুল সিদ্ধান্ত লৈ পেলায় ৷

সিদিনাৰপৰা সন্দীপ নবৌৰ লগত দেখা কৰাৰ অজুহাতত সঘনাই আহিবলৈ ধৰিলে। মই কিন্তু বুজিব পাৰিলো উদ্দেশ্য নবৌ নহয়, মইহে। নবৌৰ লগত দেখা কৰাৰ উদ্দেশ্য লৈ সন্দীপ নাহে- মোৰ লগত দেখা কৰাৰ উদ্দেশ্যলৈহে আহে। সিদিনা নবৌ ঘৰত নাছিল৷ মোৰ কলেজ বন্ধ থকাৰ কাৰণে মই অকলেই ঘৰত আছিলো। সি মনে মনে মোৰ কোঠালি লৈ সোমাই আহিল৷

অনুমতি নুলোৱাকৈ সোমাই অহাৰ কাৰণে বেয়া পালে নেকি ? সন্দীপে নিৰ্লৰ্জৰ দৰে হাঁহি মাৰি ক'লে।

মনে মনে বেয়া পালেও ভদ্ৰতাৰ খাতিৰত মই ক'লো- নাই নাই, বেয়া অৱশ্যে তেনেকৈ পোৱা নাই!

বহিবলৈ নকয় নেকি ?

অনুমতিৰ প্ৰয়োজন আছে জানো? অনিচ্ছাসত্ত্বেও মোৰ মুখৰপৰা ওলাই গ'ল কথাষাৰ । কাৰণ মনৰ ক্ষোভ বহু সময়ত নিজৰ অজানিতেই ভাষাৰ ৰূপ লৈ ওলাই আহে।

মানে? সন্দীপে মোৰ কথাৰ অৰ্থ বুজিব নোৱাৰি সুধিলে।

নুসোধা-নেমেলাকৈ যদি কোঠালিৰ ভিতৰলৈ সোমাই আহিব পাৰিছে- বহিবও পাৰিব নিশ্চয় ৷ মই হাঁহি মাৰি ক'লো ।

' এই কথা ! সন্দীপ আশ্বস্ত হৈ কলে- মই আকৌ ভাবিছিলো আপুনি খঙতহে কৈছে কথাষাৰ !

চকী এখনত বহি কোঠালিটোত চকু ফুৰাই সন্দীপে ক'লে-কোঠালিটো দেখিছো ৰবীন্দ্ৰ নাথ ঠাকুৰ, ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, সুভাষ বসু আদি মনীষীসকলৰ ছবিৰে ভৰাই ৰাখিছে। নজৰুলৰ ছবিও আছে। গীতৰ প্ৰতি নিশ্চয় ৰাপ আছে। আপুনি নিজেও গীত গাব জানে নেকি ?

নাজানো । মই চমুকৈ ক'লো- শুনি ভাল পাওঁ ।

সংগীত ভাল নোপোৱা মানুহ কেইজন আছে বঙালীৰ মাজত! সংগীত আৰু অভিনয় বঙালীৰ তেজৰ মাজত নিহিত হৈ আছে। সন্দীপে বিজ্ঞৰ দৰে নিজৰ মত ব্যক্ত কৰিলে।

আপুনি কিবা সকামত আহিছিল নেকি? মই কথাৰ প্ৰসংগ সলনি কৰিবলৈ সুধিলো

সন্দীপে পোনপটীয়াভাবে উত্তৰ দিলে- এনেয়ে। কলেজ বন্ধ। ৰোমমেটকেইজন কিবা সকামত বাহিৰলৈ ওলাই যোৱাৰ পাছত অকলেই ৰোমত বহি আছিলো। হঠাৎ আপোনাৰ কথা মনত পৰিল। গতিকে আপোনাৰ লগত দেখা কৰাৰ কাৰণে আহিলো ।

মোৰ লগত দেখা কৰাৰ কাৰণে! মই বিস্মিত কণ্ঠত ক'লো ।

হয়, আপোনৰ লগত। সন্দীপে নজৰুলৰ ছবিৰ ফালে চাই ক'লে- নজৰুলৰ চকুযোৰ বৰ ধুনীয়া নহয়নে? আপোনাৰ চকুযুৰিও বৰ ধুনীয়া। চকুত যাদু আছে। সাগৰৰ দৰে এক ধৰণৰ মাদকতা আছে আপোনাৰ চকুত ।

স্বাভাৱিকতে নাৰীয়ে নিজৰ প্ৰশংসা শুনি ভাল পায়; কিন্তু মোৰ ক্ষেত্ৰত ইয়াৰ ওলোটাটোহে হ'ল। সন্দীপৰ প্ৰশংসাত মোৰ শৰীৰ জ্বলি উঠিল ৷ মোক প্ৰশংসা কৰিবলৈ এওঁ কোন? কোনে তাক অধিকাৰ দিছে মোৰ প্ৰশংসা কৰিবলৈ ! কিন্তু মই প্রকাশ্যে একো নক'লো৷ ম‍ই মনৰ ভাব মনতে চম্ভালি কলো- প্ৰশংসা কৰিবপৰা ধৰণৰ কোনো মাদকতাই নাই মোৰ চকুত, এয়া আপোনৰ ভ্ৰম।

নাই নাই, মই সঁচাকৈয়ে কৈছো । আপোনাৰ চকুত সঁচাকৈয়ে যাদু আছে। সন্দীপ এইবাৰ আচল কথালৈ আহিল- প্রথমদিনা দেখাৰে পৰাই মই মোক আপোনাৰ চকুৰ গভীৰতাত হেৰাই পেলাইছো। এতিয়া ম‍ই আপোনাৰ বাহিৰে কোনো কথা ভাবিবকে নোৱাৰা হৈছোঁ। সপোন- দিঠক সকলো সময়তে আপোনাৰ ছবিখনে মোৰ মনৰ পৰ্দাত ভাহি ফুৰে। চেষ্টা কৰিও সেই ছবি আঁতৰ কৰিব পৰা নাই।

অর্থাৎ বর্তমান আপুনি ভ্ৰমৰ মাজত বাস কৰি আছে। এইদৰে কৈয়ে মই উপদেশৰ সুৰত ক'লো- আপুনি এতিয়া ছাত্ৰ। জীৱনটো উপভোগ কৰাৰ সময় নহয় এতিয়া, জীৱনটো গঢ়াৰহে সময়এতিয়া এই প্ৰেম-ভালপোৱৰ সপোন দেখা বাদ দিয়ক । আগতে জীৱনটো গঢ়ি লওঁক, পাছত এইবোৰ কৰাৰ কাৰণে বহু সময় পাব। তদুপৰি একপক্ষীয় প্রেম কেতিয়াও সুখৰ নহয় বুলি মই শুনিছো।

মানে? সন্দীপৰ চকুত প্রশ্নবোধক দৃষ্টি।

মানে খুবেই সহজ, অর্থাৎ মই আপোনাৰ কথা অকণো নাভাবো। ম‍ই নিৰ্বিকাৰভাবে কলো- আচলতে কাৰোবাৰ কথা যে ভাবিব লাগিব এই বিষয়ে মই এতিয়ালৈকে চিন্তাই কৰা নাই। ম‍ই খন্তেক ৰৈ ক'লো- আপুনিও ইয়াতে যতি ৰেখা টনা ভাল হ'ব। আশাকৰো আপুনি মোৰ কথা বুজিব পাৰিছে!

সন্দীপৰ মুখমণ্ডল কেহৰাজৰ দৰে ক'লা পৰি গ'ল। পাছমুর্ততে সি নিজক চম্ভালি কিবা কোৱাৰ কাৰণে মুখ মেলিলে, কিন্তু এনেতে নবৌ সোমাই আহিল।

নবৌক দেখি সি সজাগ হৈ উঠিল । কথাৰ প্ৰসংগ সলনি কৰি সি নবৌক উদ্দেশ্য কৰি ক'লে- তোমাৰ কাৰণে ৰখি ৰখি আমনি লাগি গৈছে। কলৈ গৈছিলা ?

নবৌয়ে কলে- বজাৰ কৰিবলৈ । তই কেতিয়া আহিছ?

দহ মিনিটমান হ'ল। সন্দীপে মিছা মাতিলে। আচলতে সি মোৰ লগতে প্রায় আধাঘণ্টা কথা পাতিছে।

আহিছ যেতিয়া আজি ভাত-পানী খাই যাবি। নবৌয়ে আবদাৰৰ সুৰত ক'লে।

নাই নাই, আজি নাখাও ৷ বেলেগ এদিন আহি খাই যামহি।

মই তাক প্ৰশ্ৰয় নিদিয়াৰ কাৰণেই যে সি ভাত নাখায় বুলি কৈছে এই বিষয়ে উপলব্ধি কৰিবলৈ মোৰ অসুবিধা নহ'ল। কাৰণ ইয়াৰ আগতে আহিলে সি প্রায় ভাত নুখোৱাকৈ নগৈছিলে।

ইয়াৰ পাছত নবৌৰ লগত ইটো-সিটো কথা আলোচনা কৰি সন্দীপ হোষ্টেললৈ গুচি গ'ল। যোৱাৰ সময়ত সি মোৰ ফালে কেৰাহি কৈয়ো নাচালে৷ সেয়ে মই কথাটো সিমানতে অন্ত পৰিল বুলি ভাবিলো৷

কিন্তু মই ভবা ধৰণে নহ'ল। এইবাৰ সন্দীপ অধিক ক্ষিপ্ত হৈ উঠিল। সি আগতকৈও ঘনঘনকৈ আহিবলৈ ধৰিলে আৰু সুযোগ পালেই নিলাজৰ দৰে মোক প্রেম নিবেদন কৰিবলৈ ধৰিলে। এদিন মোক সাৱটি ধৰি চুমা খাবলৈও চেষ্টা কৰিছিল ৷ মই কোনোমতে তাক ঠেলা মাৰি পেলাই দি কোঠালিৰপৰা ওলাই গৈহে সিদিনা নিজক তাৰ হাতৰ পৰা বচাবলৈ সক্ষম হৈছিলো।

চিধা আঙুলিত ঘিউ নুঠে বুলি ভাবি মই আঙুলি টেৰা কৰিবলৈ বাধ্য হ'লো। মই সিদিনাৰ ঘটনাটো নবৌক ক'লো ৷

মোৰ কথা শুনি নবৌ সাপ দেখা মানুহৰ দৰে চক্ খাই উঠি ক'লে- তাৰ ইমান অধঃপতন হৈছে?

মই ঘটনাবোৰ প্ৰথমৰপৰা ভাঙিপাতি কৈ ক'লো- আচলতে বহু আগতেই মই তোমাক কথাটো জনাব লাগিছিল; কিন্তু মই অকলেই চম্ভালিব পাৰিম বুলি ভাবি তোমাক জনোৱা নাই। এতিয়া জোঁৰ পুৰি হাত পোৱাৰ উপক্ৰম হৈছে কাৰণেহে তোমাক জনাবলৈ বাধ্য হৈছো।

বাৰু, সি আহকচোন, দিম তাক মজাপালিএইদৰে নবৌৱে মোক সান্ত্বনা দিয়াৰ পাছত সিদিনাৰ ঘটনা সিমানতে যতি পৰিল

নবৌৱে সন্দীপক শাসন কৰিলে নে নাই নাজানো। কিন্তু সন্দীপৰ ব্যৱহাৰৰ কোনো পৰিৱৰ্ত্তন নহ'ল। সি আগৰ দৰেই মোক আমনি কৰিবলৈ ধৰিলে৷ আকৌ এদিন নবৌক কথাটো জনোৱাত তাই ক'লে- মই তাক শাসন কৰাৰ পাছতো যদি তোমাক আমনি কৰি আছে, এই ক্ষেত্ৰত দোষ মাথোন তাৰে নহয়, তোমাৰো আছে। তুমি তাক লাই দিয়াৰ কাৰণেই হয়তো মোৰ শাসন আওকাণ কৰি এইদৰে আগবাঢ়িবলৈ সাহস গোটাব পাৰিছে। সন্দীপ মোৰ ভাই, সি মোৰ কথাৰ বিৰুদ্ধে কেতিয়াও নাযায় ৷

সৰিয়হৰ ডুলিতে যেতিয়া ভূত ওলাল মই এই বিষয়ে নবৌৰ লগত তৰ্ক কৰা অনর্থক বুলি ভাবি পাছদিনাই মই ঘৰলৈ গুচি আহিলো। এইদৰে কোৱাৰ পাছত অনিতা ৰৈ গ'ল৷

মই সন্মোহিতৰ দৰে কথাবোৰ শুনি আছিলো। তাই ৰৈ যোৱাত কলো- আপুনি কথাটো ককায়েকক নজনালে কিয়

ফল একো নহ'লহেঁতেন। অনিতাই বাধা দি ক'লে- মাথোন নবৌৰ লগত ককাইদেউৰ তিক্ততা সৃষ্টি হ'লহেঁতেন।

নমিতাৰ এই কাহিনী শুনাৰ পাছৰপৰা মই তাইৰ প্ৰতি বিশেষভাবে আকৃষ্ট হৈ পৰিছো। তাইৰ বলিষ্ঠ মানসিকতাই মোক বাৰুকৈয়ে মুগ্ধ কৰিছে। সিদিনাৰপৰা তাইৰ মুখখন সদায় মোৰ চকুৰ আগত ভাহি ফুৰে। ইয়াৰ নাম কি দিম সেয়াও মই ঠিক কৰিবপৰা নাই। ইয়াৰ নাম যদি প্রেম হয়, হয়তো ম‍ই অনিতাৰ প্ৰেমত পৰিছোকিন্তু ম‍ই কথাটো তাইক কবলৈ সাহস গোটাবপৰা নাই। যিহে মুখৰা ছোৱালী ! যদি সন্দীপৰ দৰে মোকো ভুল বুজে !

নমিতাৰ প্ৰতি আকর্ষণ, প্রমীলা বাইদেৱৰ মৰম আৰু গৌৰাংগৰ বন্ধুসূলভ ব্যৱহাৰৰ ফলত ম‍ই এই বিষয়ে একো ভাবিবই পৰা নাই। সেয়ে নিখিল পালৰ প্ৰশ্নৰ কি উত্তৰ দিম সেয়া ভাবি মই অন্যমনস্ক হৈ পৰিলো ।

মাজতে নিখিল পালে ক'লে- মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে দেখোন ?

নিখিল পালৰ প্ৰশ্নত মই থমত্ খাই কলো- এই বিষয়ে দেখোন মই এতিয়ালৈকে একো ভবাই নাই!

নিখিল পালে ৰহস্যময় ভংগীত কলে- ভাৱক ! কিবা অসুবধিা হ'লে মোক জনাব।

মই ভাল বাৰুবুলি শলাগিলো।

নিখিল পালে মোৰ ফালে সন্ধানী দৃষ্টিৰে চালে । হয়তো সি মোৰ মনৰ প্ৰতিক্ৰিয়াৰ বুজ ল'লেতাৰ পাছত সংকুচিতভাবে কলে- কথাটো কোৱা ঠিক হবনে নাই ভাবি উলিয়াবপৰা নাই। আপুনি আমাৰ বিদ্যালয়ৰ শিক্ষক মানে আমাৰো শিক্ষক দিয়কচোন। আপোনাৰ ভাল-বেয়া চিন্তা কৰাটো আমাৰ এক্তিয়াৰৰ ভিতৰত পৰে। তদুপৰি আপুনি এই অঞ্চললৈ নতুনকৈ আহিছে। গতিকে এই অঞ্চলৰ বিষয়ে বহু কথাই হয়তো আপুনি নাজানে। হাতীৰ দাঁত দেখোৱাৰ কাৰণে এটা আৰু খোৱাৰ কাৰণে আন এটা।

আপুনি কি ক'ব খুজিছে, খুলি কওঁক? ম‍ই নিখিল পালৰ ভুমিকাত অধৈৰ্য হৈ কলো ৷

নাই মানে কথা বিশেষ নহয়। নিখিল পালে পুনৰ ভুমিকাৰেই আৰম্ভ কৰিলে- মই গৌৰাংগৰ বিষয়ে ক'ব খুজিছো, কিন্তু মই কথাটো ক'বলৈ ভৰসা পোৱা নাই। যদি অভয় দিলে ক'ব পাৰোঁ ।

অভয় বিচৰাৰ কাৰণে অলপ সন্দেহ হ, নিখিল পালে নিশ্চয় কিবা গুৰুতৰ কথাকে ক'ব খুজিছে! কথাটো যে সাধাৰণ নহয় সেয়াও মই উপলব্ধি কৰিব পাৰিলো ৷ তথাপি শুনাৰ বাবে মই কৌতূহলী হৈ উঠিলো । সেয়ে তাক অভয় দিয়াৰ কাৰণে কলো-বাৰু, কওঁকচোন কি কথা? একো অসুবিধা নাই। আপুনি ক'ব খোজা কথাখিনি নির্ভয়ে কৈ পেলাওঁক, মোৰ একো অসুবধিা নহয়৷

নাই ভাবিছো, বন্ধুৰ দুৰ্বলতাৰ কথাটো বন্ধুক কোৱাটো ঠিক হবনে নাই? এইদৰে কৈ ক'লে- আজিলৈ নহ'লে থাককপাছত এদিন কম বাৰু।

আপুনি ভুমিকাতেই অন্ততঃ পাঁচ মিনিট পাৰ কৰিলে, এতিয়া কৈ আছে আজি নকওঁ, পাছত কম। এইবাৰ মই অলপ গা এৰা মনোভাবেৰে কলো- বাৰু, আপুনি ক'ব বিচৰা নাই যেতিয়া বেলেগ এদিনে শুনিম বাৰু

নাই নাই, কথাটো নক'লে আপুনি ওৰেটো নিশা টোপনি যাব নোৱাৰিব। নিখিল পালে এইবাৰ পোনপটীয়াভাবে কলে- আপুনি ভবা ধৰণে গৌৰাংগ কিন্তু সিমান সুবিধাৰ নহয়, তাৰ মাহীয়েৰাৰ বিধৱা ছোৱালীৰ লগত তাৰ লেটি-পেটি আছে বুলি মই লোক-মুখে শুনিছো। কথাটো কিমানদূৰ সঁচা সেয়া অৱশ্যে মই নাজানো, কিন্তু এষাৰ কথা আছে, বিনা বতাহে নৈত ঢৌ নুঠে। কবপৰাতো নাযায়, যি দিনকাল পৰিছে, কোনে মাৰি কাক খুৱায় একো ঠিক নাই! ভুল নুবুজিব, আপোনজন ভাবিহে আপোনাক কথাটো ক'লো ৷

নিখিল পালৰ কথাৰ ইংগিত বুজিব পাৰিলো যদিও কোনো প্রতিক্রিয়া প্রকাশ নকৰিলো। এটা কথা ঠিক যে, পালৰ কথাৰ কোনো ভিত্তি নাই। মই প্ৰায় পোন্ধৰ দিন হ'ল সিহঁতৰ লগত আছো, সিহঁতৰ মাজত অবৈধ কিবা সম্বন্ধ থাকিলে ইমানদিনে নিশ্চয গম পালোহেঁতেন। গৌৰাংগক ম‍ই যিমানদূৰ জানো তাৰ নাৰীৰ প্ৰতি কোনো দুর্বলতা নাই। আমি বহু কথাই আলোচনা কৰো, কিন্তু নাৰীৰ বিষয়ে কোনো আলোচনাই আমাৰ মাজত কোনোদিন ঠাই পোৱা নাই। আনহাতে প্ৰমীলা বাইদেউৰো কোনো দুৰ্বলতা দেখা নাই। নিখিল পালে যে ঈর্ষাবশতঃ কথাটো কৈছে সেয়া উপলব্ধি কৰিবলৈ মোৰ অসুবিধা নহ'ল। সেয়ে মই কথাটোৰ প্ৰতিবাদ কৰিব বিচাৰিছিলো; কিন্তু শেষমুহূৰ্তত সিদ্ধান্ত সলনি কৰিলো। ঘৰ এৰিলেই বিদেশ। বিদেশত পদুম ফুলো হেনো ভৰিত শালি ধৰিব পাৰে। নতুন মানুহ, অঞ্চলটোৰ বিষয়ে ম‍ই বৰ বেছি নাজানো। ইফালে সন্ধিয়াও হৈ আহিছিল। গতিকে ম‍ই প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লো- আন্ধাৰ হৈ আহিছে। এতিয়া যোৱাই ভাল হ'ব নেকি?

নিখিল পালে সতৰ্ক কৰি দিলে- আপুনি কথাটো গৌৰাংগক ক'ব নালাগে। ধৰকচোন, মই শুনা কথাহে কৈছো, সঁচা নহ'বও পাৰে দিয়কচোন

মই নকওঁবুলি শলাগিলো ।

                                   

গৌৰাংগ দুদিনমান ঘৰত নাছিল। স্কুলৰ কামৰ কাৰণে গুৱাহাটীলৈ গৈছিল।

সেয়ে নিখিল পালে কোৱা কথাবোৰ গৌৰাংগৰ লগত শ্বেয়াৰকৰিব পৰা নাছিলো। ফলত নিখিল পালে কোৱা কথাবোৰ নিৰ্মমভাবে মোৰ কাণত বাজি আছিল। দুদিনমান পাছত গৌৰাংগ ঘৰলৈ আহিল। ভাত-পানী খাই বিছনালৈ যোৱাৰ সময়ত মই ক'লো- সিদিনা ৰাস্তাত নিখিল পালৰ লগত দেখা হৈছিল......

' হয় নেকি? পাছত কি হ'? গৌৰাংগ কৌতূহলী হৈ উঠিল- মোৰ বিষয়ে কিবা কলে নেকি?

মই প্রথমতে নিখিল পালে গৌৰাংগৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিষয়ে ক'ব খুজিছিলো যদিও শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কৰিলো৷ কাৰণ এফালে নিখিল পালে কথাটো কবলৈ নিষেধ কৰিছে আৰু আনফালে কথাটো কলে গৌৰাংগও বেয়া পাব, সেয়ে মই সিদিনা নিখিল পালে গৌৰাংগৰ বিৰুদ্ধে কৰা মন্তব্য গাপ দি ক'লো- নাই নাই, তেনেকুৱা বিশেষ একো নহয়, মোৰ থকাৰ বিষয়ে সুধিছিল।

গৌৰাংগই মোৰ কথাৰ অৰ্থ বুজিব নোৱাৰি প্ৰশ্নবোধক দৃষ্টিৰে মোৰ ফালে চালে। ক'লে সি- তোৰ থকাৰ বিষয়ে মানে?

মই কথাটো স্পষ্ট কৰিবলৈ ক'লো- এই কেইদিন তহঁতৰ ঘৰতেই থাকিলোঁ, শিক্ষকতা কৰিব লাগিব যেতিয়া নিগাজিকৈ থকাৰ ব্যৱস্থা কৰিব নালাগিব জানো? কথাটো অৱশ্যে মই ইমান দিন ভবাই নাছিলো। সেয়ে নিখিল পালৰ কথা শুনাৰ পাছত প্ৰথমতে ম‍ই চক্ খাই উঠিছিলো। কিন্তু শেষত ভাবি-চিন্তি দেখিলো, নিখিল পালে একেবাৰে অবান্তৰ কথা কোৱা নাই !

গৌৰাংগই মোৰ চকুত চকু থৈ কলে- আমাৰ ইয়াত কিবা অসুবিধা পাইছ নেকি ?

অসুবিধা! নাই নাই, একো অসুবিধা পোৱা নাই। নিখিল পালে কৈছে কাৰণেহে ক'লো ৷

গৌৰাংগই হুমুনিয়াহ কাঢ়ি কলে- নিখিল পালৰ কথা বাদ দে। তই যদি কিবা অসুবিধা পাইছ তাকে ক’! যদি কেতিয়াবা তেনেকুৱা পৰিস্থিতি হয়ে মই নিজেই তোক জনাম কথাটো। এইদৰে কৈ সি মোক সাৱধান কৰি দিয়াৰ কাৰণে ক'লে- নিখিল পাল ভাল মানুহ নহয় ৷ পাৰ মানে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবি !

কিয়, মই দেখোন একো বেয়া দেখা নাই? কথাফাকি কলে গৌৰাংগই বেয়া পাব পাৰে বুলি জানিও মই ক'লো।

মই ভবা ধৰণেই হ'ল৷ গৌৰাংগই ব্যংগৰ সুৰত ক'লে- বেয়া দেখা নাই! কি ভালটো দেখিলি তাৰ ?

সি স্কুলৰ কাৰণে মাটি দিছে, বিল্ডিং কৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। এইবোৰ জানো সি ভাল কাম কৰা নাই? ম‍ই একে উশাহে কথাকেইটা কলো।

মাটি দিছে! গৌৰাংগ যেন গৰজি উঠিল-মাটি দিছে ঠিকেই সেয়া চিলিং এক্টৰ মাটি। স্কুলৰ নামত নিদিলে চৰকাৰে বাজেয়াপ্ত কৰিলেহেঁতেন৷ গতিকে ৰসতে নাম গাই থৈছে, বুজিছ!

কিন্তু বিল্ডিংটো.....

মই কথাটো শেষ কৰাৰ আগতেই গৌৰাংগই বাধা দি কৈ উঠিল- বিল্ডিঙৰ কথা কৈছ? এইবোৰ কথা ক'বলৈ গ'লে নিখিল পালহঁতৰ বংশ ইতিহাস ক'ব লাগিব। আমাৰ ইয়াৰ প্ৰায়বিলাক মানুহ অবিভক্ত ভাৰতৰ পূৰ্ববংগৰপৰা প্ৰব্ৰজিত। কিন্তু নিখিল পালহঁত পশ্চিম বংগৰপৰা পৰা প্ৰব্ৰজিত। নিখিল পালৰ দেউতাক মৃণাল পাল ইংৰাজ বিষয়া এগৰাকীৰ চাপৰাছী আছিল । দ্বিতীয় মহাসমৰৰ সময়ত অবৈধ উপায়ে ধন ঘটি এসময়ত তেলৰ অভাৱত চাকি নজ্বলা পৰিয়ালটোলৈ প্ৰাচুৰ্য আনিছিল।

ধন বাঢ়িলে, জনো বাঢ়ে। জন বাঢ়িলে ক্ষমতা বাঢ়ে। ক্ষমতা বাঢ়িলে তেতিয়া বহুতে নানা অসামাজিক কামৰ লগত জড়িত হৈ পৰে। মৃণাল পালৰ ক্ষেত্ৰতো সেয়াই হ'ল। সি নানা অসামাজিক কাম বিশেষকৈ নাৰী কেলেংকাৰীত জড়িত হৈ পৰিল। সিহঁতৰ চুবুৰীৰে এজনী ছোৱালীৰ লগত তাৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল। ছোৱালীজনী অন্তঃসত্ত্বা হ'ল। দুখীয়া পৰিয়ালৰ ছোৱালী । টকাৰে ছোৱালীজনীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা চলালে। কিন্তু ছোৱালীজনীয়ে টকা ল'বলৈ মান্তি নহ'ল৷ তাই স্ত্ৰীৰ মৰ্যদা বিচাৰিলে। কিন্তু মৃণাল পাল বিবাহিত। গতিকে বিয়া কৰোৱা সম্ভৱ নহয়। ইফালে ছোৱালীজনীৰ মুখ বন্ধ নকৰিলেও নহয়। সেয়ে অৱশেষত সি চৰম পন্থা বাচি ল'লে। অর্থাৎ ছোৱালীজনীক হত্যা কৰিলে ৷

তেতিয়া ব্ৰিটিচ শাসন চলি আছিল। ব্ৰিটিচৰ দিনত নৰহত্যাৰ শাস্তি আছিল মৃত্যুদণ্ড, নহ'লে দীপান্তৰ। সেয়ে সি কিছু সাঁচতীয়া ধন লৈ বংগৰপৰা অসমলৈ পলাই আহিল। সি চহৰ নগৰতে বাস কৰিব পাৰিলেহেঁতেন, কিন্তু পুলিচৰ চকুত ধূলি দিবলৈ সি এইখন আওহতীয়া ঠাইতে বাসবাস কৰিবলৈ সিদ্ধান্ত ল'লে।

সি এইখন গাঁৱলৈ আহি সাঁচতীয়া ধনেৰে মাটি কিনি মাটিগিৰি হৈ পৰিল । যাৰ ধন আছে, তাৰ মানো আছে। লাহে লাহে সি অঞ্চলটোত বিখ্যাত হৈ পৰিল । তেতিয়া এক নগণ্য সংখ্যক বঙালী হিন্দু মানুহৰ বসতি আছিল এইটো অঞ্চলত । দেশ স্বাধীন হোৱাৰ পাছত ষাঠিৰ দহকৰ শেষৰ আৰু সত্তৰৰ দহকৰ প্ৰথমফালে চৰকাৰৰ পৃষ্ঠপোষকতাত অঞ্চলটোলৈ পূর্বপাকিস্তানৰপৰা বহু হিন্দু শৰণাৰ্থী আহিল । ওচৰে-পাঁজৰে থকা গাঁৱবোৰৰ মুছলমান মানুহে দখল কৰি থকা চৰকাৰী মাটিত সেইসকল শৰণাৰ্থীক চৰকাৰে সংস্থাপন কৰিলে । এই ক্ষেত্ৰত মৃণাল পালে আগভাগ লৈ সিহঁতৰ সংস্থাপনত সহায় কৰিলে। ফলত হিন্দু মানুহবিলাকৰ মাজত মৃণাল পালৰ এটা উজ্জ্বল ভাৱমূৰ্ত্তি সৃষ্টি হ'ল। এই অঞ্চলটো মুছলমান প্রধান। মুছলমান মাতব্বৰ শ্ৰেণীৰ মানুহক খোৱাই-বোৱাই সি সিহঁতৰ লগত বন্ধুত্ব গঢ়ি তুলিলে। ইয়াৰ মাজতে প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল। মুছলমান অধ্যুষিত অঞ্চলত মৃণাল পাল নিজে নির্বাচনত প্ৰতিদ্বন্ধিতা কৰিলে জয় লাভ কৰিব নোৱাৰিব বুলি নিশ্চিত আছিল। সেয়ে সি এই অঞ্চলৰে ধন-ধান নথকা, কিন্তু জনবলেৰে বলীয়ান এজন মানুহক টকা-পইচা দি সহায় কৰি নিৰ্বাচনত জয়ী কৰোৱালে। সেয়ে নির্বাচিত সভাপতিজন নামতহে সভাপতি হ, প্রকৃত সভাপতি হ'ল নিখিল পালহে। নিখিল পালৰ সন্মতি অবিহনে নির্বাচিত সভাপতিজনে একো কৰিব নোৱাৰা হ'ল। পঞ্চায়তৰ কাম-কাজ নিখিল পালে নিজে নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। এটা সময়ত মানুহে সভাপতিজনতকৈ নিখিল পালকহে অধিক গুৰুত্ব দিয়া হ'ল। ফলত সি প্ৰভূত ক্ষমতাৰ অধিকাৰী হৈ পৰিল । ক্ষমতা থাকিলেই তাৰ অপব্যৱহাৰ হয়। বহু ক্ষেত্ৰত সি ক্ষমতাৰ অপব্যৱহাৰ কৰা হ'ল ৷

পৃথিবীখন এটা প্ৰণালীত চলে। প্রত্যেকেই নিজৰ নিজৰ কৰ্মৰ ফল ভোগ কৰিব লাগে। ভাল কৰ্ম কৰিলে ভাল ফল আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল ভোগ কৰাটো প্ৰায় নিশ্চিত। দুই এজনৰ ক্ষেত্ৰত ব্যতিক্ৰম হ'লেও সৰহ সংখ্যকে নিজৰ কৰ্মফল ভোগ কৰে। কাৰোবাক প্ৰতাৰণা কৰিলে নিজে প্ৰতাৰিত হ'ব লাগে, লাঞ্ছিত কৰিলে নিজে লাঞ্ছিত হ'ব লাগে, নৰহত্যা কৰিলে নিজেও বহু সময়ত হত্যাৰ বলি হব লাগে। কেতিয়াবা ৰোগ ভোগৰ জৰিয়তেও এই শাস্তি ভোগ কৰা দেখা যায় । অর্থাৎ প্রকৃতিয়ে নিজে সেই শাস্তিৰ ব্যৱস্থা কৰে। এই বিলাক আমি সদায় দেখি অহা পৰিঘটনা । অর্থাৎ পাপ কৰি কোনেও সাৰি যাব নোৱাৰে ৷

মৃণাল পালৰ ক্ষেত্ৰতো সেয়ে হ'ল। সি বংগৰপৰা পলাই আহি নৰহত্যাৰ দৰে অপৰাধৰপৰা হাত সাৰি আছিল যদিও দুটা যুগ পাছত প্রকৃতিয়ে তাৰ শাস্তিৰ ক্ষেত্ৰ ৰচনা কৰিলে । অর্থাৎ পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ দুবছৰমান পাছতে সি পুনৰ নাৰী কেলেংকাৰীত জড়িত হৈ পৰিল। নিজৰ ভাগিনেকৰ ঘৈণীয়েকৰ লগত সি অবৈধ সম্বন্ধ গঢ়ি তুলিলে । কথাটো ভাগিনেকৰ চকুত ধৰা পৰিল । এদিন নিশা সি মৃণাল মজুমদাৰক ডিঙি চেপি হত্যা কৰি চিপজৰী লগাই গছত ওলোমাই থ'লে। কামটো ইমান নিখুঁতভাবে কৰা হৈছিল যে, সেয়া হত্যা আছিল যদিও আটায়ে আত্মহত্যা বুলিয়ে মানি ল'লে। অর্থাৎ প্রকৃতিয়ে তাৰ শাস্তিৰ ব্যৱস্থা কৰিলে।

নিখিল পাল মৃণাল পালৰ দ্বিতীয় সন্তান। প্রথম সন্তান সুদীপ্তৰ সাত বছৰ বয়সত সৰ্প দংশনত মৃত্যু হৈছিল। ইয়াতো বহুতে পাপৰ প্রায়শ্চিত্ত হোৱা বুলি ভাবে। কাৰণ ইয়াৰ আগতেও সি সিহঁতৰ ঘৰৰ বনকৰা ছোৱালীৰ লগত অবৈধ সম্বন্ধত লিপ্ত হৈ হেনো কেবাটাও ভ্রুণ হত্যা কৰিছিল। সেই ভ্রুণ হত্যাৰ ফলতেই সৰ্প দংশনত অকালতে তাৰ প্ৰথম সন্তানৰ মৃত্যু হোৱা বুলি বহুতে ধাৰণা কৰে ।

ধনী বাপেকৰ একমাত্র সন্তান নিখিল পাল। ফলত সৰুৰে পৰাই সি নানা অসামাজিক কামৰ লগত জড়িত। মদ, ভাঙত অভ্যস্থ। উত্তৰাধিকাৰসূত্ৰে সি নাৰী কেলেংকাৰীৰ লগতো জড়িত। সি বহু কেইজনী নাৰীৰ জীৱন ধ্বংস কৰিছে। প্ৰতিবাৰেই ধনৰ বলত সেই কেলেংকাৰীৰপৰা সি হাত সাৰিছে।

প্রমীলা বাইদেৱৰ লগতো সি এক কেলেংকাৰীত জড়িত হৈ পৰিছিল।

ইমান সময় মই মনে মনে গৌৰাংগৰ কথাবোৰ শুনি আছিলো। প্রমীলা বাইদেৱৰ নাম লোৱাৰ লগে লগে মই লৰি-চৰি বহিলো। গৌৰাংগই কৈ গ'ল-

প্রমীলা বাইদেউ শিৰৰ সেন্দূৰ মচি মাক-দেউতাকহঁতৰ ঘৰলৈ অহাৰ কিছুদিন পাছতে ঘটিছিল ঘটনাটো ।

কনৰাত এটি ওয়েভিং চেণ্টাৰ আছে। তাত নতুন শিপিনীসকলক প্রশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষাৰ্থীসকলক জলপানি ও দিয়াৰ ব্যৱস্থা আছে। গতিকে দুখীয়া ঘৰৰ বহু জীয়ৰী-বোৱাৰীয়ে তাত প্ৰশিক্ষণ লয়। বিধবা হোৱাৰ কিছুদিন পাছতে তাই তাত প্ৰশিক্ষণ ল'বলৈ গৈছিল। তেতিয়া তাই দিনৌ পাঁচ কিলোমিটাৰকৈ বাট খোজ কাঢ়ি অহা-যোৱা কৰিব লাগিছিল।

কনৰালৈ যোৱাৰ সময়ত নিখিল পালহঁতৰ ঘৰৰ আগেদি অহা-যোৱা কৰিব লাগে। এদিন তাই ওয়েভিং চেণ্টাৰলৈ যোৱাৰ বাটত লগুৱা এজনৰ হতুৱাই নিখিল পালে প্রমীলা বাইদেৱক মাতি পঠিয়ালে । তাই নিখিল পালৰ স্বভাৱৰ বিষয়ে জানে। সেয়ে তাই কথাটোত গুৰুত্ব নিদি কনৰালৈ গুচি গ'ল ।

ইয়াৰ তিনিদিনমান পাছৰ কথা । সিদিনা বাইদেউ কনৰালৈ গৈ আছিল। বাটত তাইৰ নিখিল পালৰ লগত দেখা হ'ল। নিখিল পালে বাইক ৰখাই ক'লে- কলৈ যোৱা ?

প্রমীলা বাইদেৱে নিজৰ গন্তব্যস্থানৰ বিষয়ে কলে- কনৰালৈ।

সিদিনা মই মাতি পঠিয়ালো, নগ'লা কিয় ? নিখিল পালে অভিমানৰ সুৰত ক'লে- মই কিনো ইমান ডাঙৰ অপৰাধ কৰিলো যে, আমাৰ ঘৰলৈকো যাবলৈ টান পালা ?

নাই নাই, আচলতে তেনে কোনো কথা নহয়। প্রমীলা বাইদেৱে কৈফিয়তৰ সুৰত ক'লে- বেলি হোৱাৰ কাৰণেহে যোৱা নাছিলো। আপোনাৰ তালৈ গ'লে মোৰ কনৰালৈ যোৱাত পলম হ'লহেঁতেন ।

তোমাৰ দুখ দেখিলে বৰ কষ্ট হয় বুজিছা ! নিখিল পালে কৃত্রিম সমবেদনা প্রকাশ কৰি ক'লে- কিনো কৰিবা ! যি হ'বৰ আছিল হৈ গ', এতিয়া তাকে লৈ মন বেয়া কৰি থাকি লাভ নাই। কথাটো শুনি ময়ো বৰ দুখ পাইছো। পৰেশ চৌধুৰী উজ্জ্বল হীৰা আছিল । কিন্তু আমি তেওঁৰ মূল্য নুবুজিলো। সেয়ে সি আমাৰ মাজৰপৰা অভিমান কৰি গুচি গ'ল। পিছে, তেওঁৰ কাৰণে দুখ কৰি থাকিলেতো নহ'ব। তোমাৰ সন্মুখত দীঘলীয়া জীৱন পৰি আছে, জীয়াই থকালৈকে পেটৰ ভাত আৰু পিন্ধোনৰ কাপোৰৰ ব্যৱস্থা কৰিবই লাগিব । জীৱনৰ অন্য এক নাম সংগ্ৰাম । আমি জীয়াই থকালৈকে সংগ্ৰাম কৰিবই লাগিব ৷

প্রমীলা বাইদেৱে জানে, নিখিল পাল মানুহজন ভাল নহয় । বিয়াৰ আগতো নিখিল পালে তাইক কেবাদিনো বেয়া প্ৰস্তাৱ আগবঢ়াইছিল । গতিকে তাইৰ নিখিল পালৰ প্ৰতি অবিশ্বাসৰ ভাব এটা আগৰ পৰাই আছিল। কিন্তু নিখিল পালে সমবেদনা জনোৱাৰ ফলত তাইৰ মনটো অলপ কোমল হ'ল।

লে তাই- এৰা, জীৱন মানেই সংগ্রাম। সংগ্ৰামতো কৰিবই লাগিব। কিন্তু সংগ্রাম কৰিবলৈ হ'লেও হাতিয়াৰৰ প্ৰয়োজন হয় ৷ আমাৰ হাতিয়াৰৰে অভাৱ ৷ দেউতা জীয়াই থকা হ'লে কোনো চিন্তা নাছিল।

টোপ গিলিছে বুলি ভাবি নিখিল পালে উৎসাহেৰে ক'লে- এৰা, পিছে কি কৰিবা । সকলো সৌ ভগবানৰ লীলা । শেষৰ কথাফাকি কওঁতে সি আকাশৰ ফালে চাই খন্তেক ৰৈ পুনৰ ক'লে- তোমালোকৰ অৱস্থাৰ কথা ম‍ই নজনা নহয়; কিন্তু তোমালোকেতো আমাক পৰ বুলিয়ে ভাবা.....!

প্রমীলা বাইদেৱে সৌজন্যতাৰ খাতিৰত ক'লে- নাই নাই, তেনেকৈ কিয় কৈছে? আপোনালোকক কিয় পৰা বুলি ভাবিম! আমি একেখন গাঁৱত সৰুৰেপৰা একেলগে ডাঙৰ-দীঘল হৈছো। সেয়ে তেজৰ সম্বন্ধ নাথাকিলেও ধৰকচোন আমি সদায় আপোনাক ককায়েকৰ দৰে জ্ঞান কৰি আহিছো ৷

এইবাৰ নিখিল পাল আচল প্ৰসংগলৈ আহিল। ক'লে সি- আজি-কালি চৰকাৰে বিধৱা পেন্সনৰ ব্যৱস্থা কৰিছে। তুমি বিধৱা পেন্সনৰ কাৰণে দৰ্খাস্ত কৰিছিলা নেকি?

নাই কৰা। চম্পা বাইদেৱে ক'লে- কিছুদিন আগতে বিদ্যুতে মোক কথাটো কৈছিল, কিন্তু তাৰ পাছত আৰু তাৰ লগত দেখা হোৱা নাই । বাৰু, তুমি পাৰিলে এদিন আমাৰ ঘৰলৈ যাবা। মই তোমাৰ পেন্সনৰ ব্যৱস্থা কৰি দিম। এইদৰে কৈ নিখিল পালে ব্যস্ততা প্ৰকাশ কৰি কলে- মই আজি সদৰলৈ গৈ আছো। সময় পালে আজিয়ে তোমাৰ কাৰণে ফৰ্ম লৈ আহিমহি। ইয়াৰ কাৰণে পৰেশ চৌধুৰীৰ ডেথ চাৰ্টিফিকেটৰো প্ৰয়োজন হ'ব। সেইবোৰলৈ তুমি চিন্তা কৰিব নালাগে । সেইবোৰ ময়ে উলিয়াম ৷ নিখিল পালে মটৰ চাইকেলত ষ্টাৰ্ট দি ক'লে- বাৰু, পাৰিলে কাইলৈয়ে যাবা। ফর্ম আনিলে তোমাৰ চহীৰ প্ৰয়োজন হ'ব।

নিখিল পাল গুচি গ'ল ।

এন্ধাৰত পোহৰৰ সন্ধান দিব খোজাত প্রমীলা বাইদেউ নিঃসংকোচে নিখিল পালৰ কথা বিশ্বাস কৰিলে। নিখিল পালহঁত ধনী প্রতিপত্তিশালী মানুহ। বহু ডাঙৰ মানুহৰ লগত সিহঁতৰ চা-চনাকি। চৰকাৰী বিষয়া এই অঞ্চললৈ সতকাই নাহেই। আহিলে কিন্তু প্রথমতে সিহঁতৰ ঘৰত বহে। বিধায়ক এম পিৰ দেখাও পাঁচ বছৰৰ মূৰে মূৰে পোৱা যায়। তেওঁলোক আহিলেও কিন্তু প্রথমতে নিখিল মজুমদাৰহঁতৰ খবৰ লয় ৷ সেয়ে ইচ্ছা কৰিলে সি বহু কামেই কৰিব পাৰে বুলি পূৰ্বৰে পৰাই প্ৰমীলা বাইদেৱৰ বিশ্বাস এটা আছে। ইফালে পৰেশ চৌধুৰীৰ মৃত্যুৰ পাছত হৰেণ চৌধুৰীয়ে চৰকাৰী সাহায্য পোৱাৰ কাৰণে চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। সেই কামখিনি যদি নিখিল পালে কৰি দিব পাৰে তাইৰ কাৰণে মহৎ উপকাৰ হ'ব। ওয়েভিং চেণ্টাৰত কাম শিকি আছে। কাম শিকা শেষ হ'লেই টকাৰ প্ৰয়োজন হ'ব। সেয়ে তাই নিখিল পালৰ কথা মতে কাম কৰিবলৈ সিদ্ধান্ত ল'লে।

সিদ্ধান্ত অনুসৰি পাছদিনাই প্রমীলা বাইদেউ নিখিল পালহঁতৰ ঘৰলৈ গ'ল।

নিখিল পালে কলে- তোমাৰ কথাটো কালি মই ডি, চিৰ লগত আলোচনা কৰিলো । ডি, চিয়ে আশ্বাসো দিছে। লাগি থাকিলে দুই এমাহৰ ভিতৰতে কিবা এটা কৰিব পৰা যাব। এইবোৰ কামত সময় লাগিবই দিয়াচোন। এইদৰে আশ্বাসবাণীৰে প্ৰমীলা চৌধুৰীক প্রলোভিত কৰি নিখিল পাল আচল প্ৰসংগলৈ আহিল । সি প্রমীলা চৌধুৰীৰ কাষ চাপি আহি ক'লে- তোমাক মই সঁচাকৈয়ে বৰ ভাল পাওঁ। তোমাৰ কাৰণে কিবা এটা কৰিব পাৰিলে মোৰো ভাল লাগিব দিয়াচোন।

নিখিল পাল ৰৈ গ'ল। কিছু সময় পাছত সেমেনা-সেমেনি কৰি ক'লে- তোমাৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছো, তুমি মাথোন মোৰ এষাৰ কথা শুনিব লাগিব।

প্রমীলা চৌধুৰী বিধৱা ৷ সংসাৰৰ নানা অভিজ্ঞতাই হৈছে তাইৰ । নাৰীয়ে পুৰুষৰ চকুৰ দৃষ্টিৰ পৰা বহু কথা বুজিব পাৰে। নিখিল পালৰ চকুত লালসাৰ দৃষ্টি দেখি তাই তাৰ কথাৰ ইংগিত বুজিব পাৰিলে। কিন্তু তাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ৷ কাৰণ তাই জানে, নিখিল পালহঁত শেনৰ এজাত। সিহঁতে কৰিব নোৱাৰা কামেই নাই। সিহঁতে যিখন হাতেৰে ভৰিত ধৰে, প্ৰয়োজনত সেইখন হাতেৰে ডিঙি চেপি হত্যাও কৰিব পাৰে। প্ৰস্তাৱটো পোনপটীয়াভাবে প্রত্যাখান কৰিলে নিখিল পালে বল প্রয়োগো কৰিব পাৰে! সেয়ে তাই সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবলৈ সিদ্ধান্ত ল'লে । তাই আত্মসমৰ্পণৰ ভংগীত কলে- ঠিক আছে, আপোনাৰ কথা মই নিশ্চয় চিন্তা কৰিম; কিন্তু আপুনিও মোৰ কাৰণে চিন্তা কৰিব লাগিব ৷

টোপ গিলিছে বুলি ভাবি নিখিল পাল উৎসাহিত হৈ উঠিল। কলে- সেয়া আৰু ক'ব লাগিব নেকি ? তোমাৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত আছো। তোমাৰ কামটো হৈ গ'ল বুলি ধৰি লোৱা ।

প্রমীলা চৌধুৰীয়ে নিখিল পালৰ সুৰত সুৰ মিলাই ক'লে- মই বিধৱা মানুহ। সংসাৰৰ সকলো কামনা-বাসনা এতিয়া মোৰ কাৰণে পাপ ৷ তথাপিও যদি আপুনি মোৰ জীৱনৰ সংস্থান লগায় মই আপোনাৰ কাৰণে সকলো কৰিবলৈ সাজু আছো। কিন্তু এটা কথা, এই কথা যেন বেলেগে গম নাপায় । জানেইতো ম‍ই তিৰোতা মানুহ। তদুপৰি বিধবা । এইবোৰ কথা জানিলে, মানুহে তিলটোকে তালটো কৰি মোৰ জীৱন দুর্বিষহ কৰি তুলিব। এইবোৰ কামত পুৰুষ মানুহৰ দোষ মানুহে নেদেখে- তিৰোতা মানুহৰহে দোষ দেখে ।

নাই নাই, কোনেও নাজানে। জনোৱাৰ প্ৰয়োজনে বা কি! নিখিল পালে লালসাৰ দৃষ্টিৰে প্ৰমীলা চৌধুৰীৰ দেহ লেহন কৰি ক'লে- তেনেহ'লে আজিয়ে হৈ যাওঁক । মাথোন এটি বাৰৰ কাৰণে, তুমি নানুবুলিবা ।

এই দিন দুপৰতে! প্রমীলা চৌধুৰীয়ে কৃত্রিম আপত্তি জনাই ক'লে- আজি নহয়। ধৈর্য ধৰক। ধৈৰ্যৰ ফল সদায় মিঠা। হঠাৎ কোনোবা আহি যাব পাৰে ৷

নিখিল পাল বহাৰ পৰা উঠি চম্পা চৌধুৰীৰ হাতত ধৰি টানি কলে- কোনো নাহে ৷ মোৰ অনুমতি লোৱাকৈ এইখন কোঠালিলৈ কাৰো প্ৰৱেশৰ অনুমতি নাই।

প্রমীলা চৌধুৰীয়ে লাহেকৈ হাতখন এৰুৱাই কলে- বাৰু, মই বাথৰোমৰপৰা আহি আছো৷

দেহত কামনাৰ জুই জ্বলিলে মানুহৰ বিচাৰ-বুদ্ধি লোপ পায়। নিখিল পালৰ ক্ষেত্ৰতো সেয়াই হ'ল । হাতৰপৰা এৰি দিয়া চিকাৰ যে পুনৰ হাতৰ মুঠিলৈ উভতি নাহে সেই বিচাৰ-বিবেচনা নিখিল মজুমদাৰে হেৰুৱাই পেলালে। সি সৰল বিশ্বাসত প্ৰমীলা চৌধুৰীক বাথৰোমলৈ যাবলৈ দিলে।

প্রমীলা চৌধুৰী কোঠালিৰপৰা ওলাই এক প্ৰকাৰ দৌৰিয়ে ঘৰলৈ আহিল। নমিতা পদুলি মুখতে থিয় দি আছিল। তাইৰ চকু-মুখত উদ্ভ্রান্ত দৃষ্টি দেখি নমিতাই সুধিলে- কি হ'ল বাইদেউ? ইমান খৰখেদাকৈ ক'ৰপৰা আহিলা ?

প্রমীলা চৌধুৰীয়ে ধৈর্য ধৰিব নোৱাৰিলে। তাই হুক্‌হুকাই কান্দি পেলালে । তাইৰ দুগালেদি অবিশ্ৰান্ত ধাৰাত লোতক বাগৰিবলৈ ধৰিলে৷

অনিতাই প্ৰথমাৱস্থাত একো নক'লে। তাই বুজিব পাৰিলে, নিশ্চয় কিবা অঘটন ঘটিছে। কান্দক। কান্দি কান্দি মনৰ বোজা অকনমান হলেও পাতল কৰক। প্রমীলা চৌধুৰীৰ অভিশপ্ত জীৱনৰ কথা ভাবি নমিতাৰ মনতো দুখ। স্বামী নাৰীৰ অলংকাৰ ৷ অকাল বৈধব্যই তাইক সেই অলংকাৰৰ পৰা বঞ্চিত কৰিছে। তাইৰ উকা কপাললৈ চাই নমিতাৰ বুকুখন হম্হমাই উঠিল। কিন্তু তাইনো কৰিব কি! নিয়তিৰ লগত ফেৰ মাৰাৰ সাধ্য জানো মানুহৰ আছে!

পৰেশ চৌধুৰীৰ ওপৰত খং উঠি গ'ল নমিতাৰ । সি কিয় সন্ত্ৰাসবাদী দলত যোগদান কৰিবলৈ গ'ল! সন্ত্রাসবাদী দলত যোগদান নকৰি যদি ঘৰ-সংসাৰ চম্ভালিলেহেঁতেন, তেনেহ'লে প্ৰমীলা চৌধুৰীয়ে এনেকৈ অকাল বৈধব্যক আঁকোৱালি ল'ব লগা নহ'লহেঁতেন। সমাজৰপৰা বিচ্ছিন্ন হৈ জানো দেশৰ দহৰ মংগল সাধন কৰা সম্ভৱ? নিজকে নিজে প্রশ্ন কৰিলে নমিতাই। দেশৰ দহৰ মংগল সাধন কৰিবলৈ হ'লে সমাজৰ লগত মিলিয়ে সেয়া কৰিব লাগিব। জনমতৰ বিৰুদ্ধে গৈ কেতিয়াও কোনেও জয়ী হ'ব নোৱাৰে - হোৱা সম্ভৱ নহয়সোঁতৰ বিপৰীতে সাঁতুৰি কেতিয়াও নৈ পাৰ হ'ব নোৱাৰি। নৈ পাৰ হ'বলৈ হ'লে সোঁতৰ অনুকুলে সাঁতুৰিব লাগে ৷

কিছু সময় কন্দাৰ পাছত নমিতাই সুধিলে- কি হ'? এইদৰে কন্দা-কটা কৰি থাকিবা, নে কি হৈছে তাকে কবা !

প্রমীলা চৌধুৰীয়ে নিখিল মজুমদাৰৰ ঘৰত ঘটা ঘটনা বিৱৰি ক'লে। ঘটনাৰ বিৱৰণ শুনি নমিতা স্তম্ভিত হৈ পৰিল । তাই মনে মনে গুমৰি উঠিল। খঙত তাইৰ সৰ্বশৰীৰ মেলেৰিয়া ৰোগীৰ দৰে ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে। প্রমীলা চৌধুৰীক বুজাই-বঢ়াই শান্ত কৰি তাই পোনে পোনে বিদ্যুতৰ ওচৰলৈ গৈ সমগ্ৰ ঘটনা বিৱৰি ক'লে ৷

ইমান সময় মই মনে মনে গৌৰাংগৰ কথা শুনি আছিলো। মই হঠাৎ সুধিলো- বিদ্যুৎ! কোন বিদ্যুৎ?

গৌৰাংগই কলে- বিদ্যুৎ চিপি আই (এম) কেডাৰ। পালাৰপামত ঘৰ। পৰৰ দুখত দুখী হোৱা মন এটা আছে তাৰ। অন্যায় দেখিলে সি ধৈর্য ধৰিব নোৱাৰে । কিবা প্ৰকাৰে হ'লেও তাৰ প্ৰতিকাৰ কৰিবলৈ আগবাঢ়ি আহে। সি স্থানীয় ক্লাৱ এটাৰো সম্পাদক। ক্লাৱৰ জৰিয়তেই সি অন্যায়ৰ বিৰুদ্ধে মাত মাতে ৷

প্রথম দিনা মন্দিয়াত লগ পোৱা ডেকাজনৰ প্ৰতিচ্ছবি মোৰ মানসপটত জিলিকি উঠিল।

মই ল'ৰাজনক মন্দিয়াত লগ পাইছিলো৷ মই কলো- বৰ কথকী ল'ৰা। কথা কবও জানে সজাই-পৰাই। প্রথমদিনা লগ পাইয়ে মই বুজিব পাৰিছো কথাটো। বৰ ভাল ল'ৰা!

সুযোগ পালে সি এই অঞ্চলৰ ৰত্ন হৈ উঠিব পাৰিলেহেঁতেন। গৌৰাংগই এইদৰে মোক সমৰ্থন কৰি ক'লে- কিন্তু এদিনৰ এটি ঘটনাই সকলো ওলট-পালট কৰি দিলে। এই বিষয়ে তোক মই পাছত এদিন ক'ম বাৰু। গৌৰাংগ খন্তেক ৰৈ পুনৰ আচল ঘটনাটোলৈ আহিল- নমিতাৰ মুখত ঘটনাৰ বিৱৰণ শুনি বিদ্যুতে সিদিনাই সংঘৰ সদস্যসকলক মাতি ঘটনাটো বিৱৰি কৈ ব্যাভিচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনালে- আমি নিখিল মজুমদাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিব লাগিব। আজি প্রমীলা বাইদেউক অপমান কৰিছে- কাইলৈ বেলেগৰ বায়েকক অপমান কৰিব ৷ লতা পালে সি গাঁৱৰ জীয়ৰী-বোৱাৰীৰ জীৱন দুর্বিষহ কৰি তুলিব । গতিকে জোঁৰ পুৰি হাত পোৱাৰ আগতেই আমি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

বিদ্যুতৰ কথাই ফল ধৰিলে। পাছদিনাই ক্লাৱৰ সদস্যসকলে নিখিল পালৰ বিৰুদ্ধে সমদল উলিয়ালে। সেই সমদলৰ পাছত নিখিল পালৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলব্যাপী এক বিদ্ৰোহৰ বাতাৱৰণ সৃষ্টি হ'ল। নিখিল পাল স্কুলৰ সভাপতি। গতিকে স্কুলৰ সভাপতিৰ পদৰপৰা বৰ্খাস্ত কৰাৰ কাৰণে দাবী উত্থাপন কৰি বিদ্যুতহঁতে স্কুল কমিটিৰ সম্পাদকৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰিলে ।

নিখিল পাল ধুৰন্ধৰ প্ৰকৃতিৰ মানুহ। চোঙা চাই কেনেকৈ সোপা দিব লাগে সেয়া সি জানে। সেয়ে আসন্ন বিপদৰ কথা ভাবি সি স্কুল কমিটি মাতি নিজৰ দোষ স্বীকাৰ কৰিলে- মোৰ মতিভ্ৰম হৈছিল। এতিয়া ম‍ই নিজৰ ভুল উপলব্ধি কৰিব পাৰিছোঁ। মোৰ ভুল হৈছে, মোক ক্ষমা কৰি দিয়ক। শাস্তি হিচাপে মই স্কুলৰ বিল্ডিংটো কৰি দিম । মোৰ কথা বিশ্বাস হোৱা নাই যদি দলিল আনক আজিয়ে মই চুক্তিপত্র লিখি দিম।

গৌৰাংগই ক'লে- স্কুলৰ কিবা লাভ হয় যদি হওঁক বুলি ভাবি মানুহবোৰ মনে মনে থাকিল। অর্থাৎ নিখিল পালক সমৰ্থন কৰিলে। ময়ো আছিলো সেইখন সভাত। অৱশেষত বাধ্য হৈ ময়ো মনে মনে থাকিবলৈ বাধ্য হ'লো। এতিয়া বুজিলিনে, স্কুল বিল্ডিং কৰিবলৈ প্রতিশ্রুতি দিয়া ৰ আঁৰৰ ৰহস্য !

এৰা! মই মৌনতা ভংগ কৰি ক'লো- এৰা, চোঙা চাই সোপা দিব পৰা গুণ সঁচাকৈয়ে আছে নিখিল পালৰ৷ অন্যায়ো কৰিলে আৰু ৰাইজৰ প্রশংসাও বুটলিলে।

 

                                     দহ

অনিতাৰ প্ৰতি মোৰ দুৰ্বলতা দিনকদিনে বাঢ়ি যাবলৈ ধৰিলে। তাইৰ কথা-বতৰা, চাল-চলন সকলোতে যেন ম‍ই কিবা এক আকর্ষণ অনুভব কৰোঁ। তাই হাঁহিলে যেন জোনাক সৰে, কথাত যেন মুকুতা সৰে, খোজত যেন কবিতাৰ ছন্দ নিগৰে। তাইৰ সান্নিধ্যত স্বৰ্গ সুখ আৰু অদৰ্শনত নৰক যন্ত্ৰণা অনুভব কৰোঁ। মন উৰুঙা উৰুঙা লাগে। গতিকে সময় সুযোগ পালেই মই নমিতাহঁতৰ ঘৰলৈ যাওঁ। কিন্তু তাত যেন কিবা অস্বস্তি অনুভৱ কৰো। অনিতা গাভৰু । গাভৰু ছোৱালী থকা ঘৰ এখনলৈ সদায় গৈ থাকিলে মানুহে কি বুলি ভাবিব! সেয়ে এই বিষয়ে মই এক হীনমান্যতত ভূগি আছিলো ।

গতিকে অনিতাহঁতৰ ঘৰলৈ যোৱাৰ কাৰণে এটা চেলু উলিয়ালোচেলু মানে আন একো নহয়-- নাৰায়ণক পঢ়ুৱাৰ দায়িত্ব ল'লো ৷ নাৰায়ণ বৰ্তমান মোৰ ভক্ত হৈ উঠিছে। আগতে সি খেলা-ধূলালৈ ব্যস্ত হৈ থাকিছিল; কিন্তু এতিয়া সি খেলা-ধূলাতকৈ পঢ়া-শুনাতহে অধিক মনযোগ দিয়া হৈছে। ফলত নমিতাহঁতৰ ঘৰত মোৰ সমাদৰ আগতকৈও বাঢ়িছে।

আচলতে টিউচন পঢ়ুৱাটো এটা অজুহাতহে মাথোন। মোৰ আচল উদ্দেশ্য নমিতা। এঘণ্টা নাৰায়ণক টিউচন পঢ়ুৱালে দুঘণ্টা নমিতাৰ লগতে কথা পাতি পাৰ কৰোঁ। কেতিয়াবা নমিতা নিজেও প্রমীলা বাইদেৱৰ লগত দেখা কৰাৰ কাৰণে গৌৰাংগহঁতৰ ঘৰলৈ আহে। তেতিয়া প্রমীলা বাইদেৱেও আমাৰ আলোচনাত অংশ গ্ৰহণ কৰে । গৌৰাংগ আজিকালি প্ৰায় ঘৰত নাথাকেই। খেতি-পথাৰৰপৰা আৰম্ভ কৰি সংসাৰৰ সকলো কাম সিয়ে চোৱা-চিতা কৰিব লাগে। ইয়াৰ উপৰিও আছে স্কুলৰ কাম। ফলত মাহত সি অন্ততঃ তিনি চাৰিবাৰ সদৰলৈ যাব লাগে ।

গতিকে প্রমীলা বাইদেউ আৰু অনিতাই মোৰ অৱসৰ সময়ৰ সংগী। ওচৰতে বজাৰ এখন আছে যদিও বজাৰলৈ গৈ আড্ডা মাৰিবলৈ ভাল নালাগে। কাৰণ তাত কামৰ কথাতকৈ পৰচৰ্চাহে অধিক হয়। কাৰ খেতিৰ আলি কোনে ভাঙিলে। কাৰ ছোৱালীৰ কাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে। কাৰ ঘৈণীয়েক কাৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈছে। এইদৰে বহু আলোচনা হয় বজাৰত। সেয়ে অৱসৰ সময় কিতাপ পঢ়ি নাইবা প্রমীলা বাইদেউৰ লগত কথা পাতি পাৰ কৰোঁ।

প্রমীলা বাইদেউৰ মনত এক ধৰণৰ ক্ষোভ পূঞ্জীভূত হৈ আছে। তাইৰ এদিনৰ কথাৰ পৰা ম‍ই সেয়া উপলব্ধি কৰিব পাৰিছো।

পিছপৰা অঞ্চল। আমোদ-প্রমোদৰ তেনে কোনো উপকৰণ নাই। উৎসৱ পাৰ্বণত যাত্রা-নাটক অভিনীত হয়। কেতিয়াবা স্থানীয় ক্লাৱৰ তৰফৰ পৰা ভিডিও' আনে। বিশেষকৈ ছয়মাহিলীয়ে হওঁক নাইবা বছৰেকীয়া পৰীক্ষাই হওঁক পৰীক্ষাৰ শেষৰ দিনা ভিডিও অনাটো প্ৰায় পৰম্পৰাৰ দৰেই হৈ পৰিছে অঞ্চলটোত। সেয়ে পৰম্পৰা অনুসৰি এইবাৰ ছয়মাহিলী পৰীক্ষা আৰম্ভ হোৱাৰ আগৰে পৰাই ভিডিও অনাৰ বাবে প্রস্তুতি চলি আছিল। প্রস্তুতিপর্ব হিচাপে পৰীক্ষা শেষ হোৱাৰ দুদিনমান আগৰে পৰা পেণ্ডেলৰ কাম চলি আছিলবিদ্যালয়ৰ খেল পথাৰতে সৰুকৈ পেণ্ডেল সজা হৈছে। পৰীক্ষা আজি শেষ হৈছে । গতিকে আজি ভিডিও প্রদৰ্শন কৰা হ'ব। দুজনমান ল'ৰা ভিডিও আনিবলৈ ইতিমধ্যে চহৰলৈ গৈছে। সন্ধিয়াৰ আগে আগে আহি পোৱাৰ কথা। আমাৰ বিদ্যালয়ৰ শিক্ষকসকলক ভিডিও চোৱাৰ কাৰণে দুদিনমান আগতেই টিকট দি গৈছে। গৌৰাংগৰ কাৰণেও টিকট দিছে। কিন্তু গৌৰাংগ ঘৰত নাই। গতিকে মই অকলেই যাব লাগিব ভিডিও চোৱাৰ কাৰণে । কিন্তু আমোদ-প্রমোদৰ উপকৰণ লগ নাথাকিলে উপভোগ কৰি ভাল নালাগে । ইফালে গৌৰাংগৰ টিকটটোও আছে। গতিকে কাক লগত নিবপৰা যায় তাকে ভাবিবলৈ ধৰিলো৷ প্ৰথমে প্ৰমীলা বাইদেউৰ কথা ভাবিছিলোকিন্তু বাইদেউ বিধৱা মানুহ। গতিকে তাই যে ভিডিও চাবলৈ নাযায় এই বিষয়ে ম‍ই নিশ্চিত। কাৰণ মানুহজনী খুবেই গম্ভীৰ প্ৰকৃতিৰ । গতিকে নমিতাক লগত নিয়াৰ কথা ভাবিলো ৷

ঠিক এনেতে হঠাৎ খিল্‌ খিল্‌ হাঁহিৰ শব্দ আহি মোৰ কাণত পৰিল। মই বেৰৰ ফালে মুখ কৰি শুই আছিলো । বাগৰ সলাই দুৱাৰৰ ফালে চাই পঠিয়ালো ৷ নমিতাক দুৱাৰ মুখত থিয় দি থকা দেখিলো । তাইৰ চকুত দুষ্টালি ভৰা চাৱনি। মুখত এমোকোৰা হাঁহি।

মই বিছনাত উঠি বহাৰ গলে লগে তাই ক'লে- ইমান ধ্যানমগ্ন হৈ কি ভাবি আছিল ? মানুহ মৰি গ'লেও আপুনি গম নাপায় । প্ৰায় দুই তিনি মিনিটেই হ'ল মই কোঠালিত সুমাইছো। আপুনি গমকে নাপালে মোৰ উপস্থিতিৰি কথা! কাৰ কথা ভাবি আছিল ইমান মগ্ন হৈ?

মই অকপটে স্বীকাৰ কৰিলো- আপোনাৰ কথাকে ভাবি আছিলো........

মই বাক্যটো শেষ কৰাৰ আগতেই নমিতাই বিস্মিত কণ্ঠত কলে- মোৰ কথা !

হয়, আপোনাৰ কথা । মই ক'লো- কথা বিশেষ একো নহয়, আজি আমি একেলগে ভিডিও চোৱাৰ কথা ভাবিছো।

ময়ো এই বিষয়ে আপোনাৰ লগত আলোচনা কৰিবলৈকে আহিছিলো । নমিতাই ক'লে- মোকো বিদ্যুতদাই টিকট এখন দিছে।

বিদ্যুতৰ নাম শুনি কিয় জানো মোৰ মনত ঈৰ্ষাৰ ভাব জাগি উঠিল বিদ্যুতৰ প্ৰতি। কিন্তু হঠাৎ ম‍ই বিদ্যুতৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ উঠিলোঁ কিয়? মই নিজেও তৎক্ষণাৎ ইয়াৰ কাৰণ উপলব্ধি কৰিব নোৱাৰিলো৷ কাৰণ বিদ্যুতক মই নিজেও ভাল পাওঁ। তাৰ কথা কোৱাৰ ভংগী, বুদ্ধিদীপ্ত আচৰণ, অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ, লোকৰ প্ৰতি দেখুৱা দৰদ ইত্যাদিৰ কাৰণেই মই বিদ্যুতৰ প্ৰতি প্ৰথমদিনা দেখাৰে পৰাই আকর্ষণ অনুভৱ কৰি আছো। সুখৰ দিনত বিদ্যুতক কাষত পোৱা নগ'লেও দুর্দিনত কিন্তু সি আহি উপস্থিত হবই। পাৰেমানে সি সহায়-সহযোগিতাও আগবঢ়াব। অন্যায়ৰ বিৰুদ্ধে অকুণ্ঠভাবে প্রতিবাদ কৰিব। তাৰ এইবোৰ গুণৰ কাৰণে মাথোন ময়ে নহয়, এই অঞ্চলটোৰ বহুতেই বিদ্যুতক ভাল পায়। অৱশ্যে বেয়া পোৱা মানুহ যে নাই সেয়া ক'ব নোৱাৰি। কাৰণ নিখিল পালৰ দৰে মানুহবোৰেই বিদ্যুতক বেয়া পায় । কাৰণ বিদ্যুতৰ নিচিনা মানুহৰ বাবে নিখিল মজুমদাৰৰ দৰে মানুহবোৰেও বহু সময়ত অন্যায় কামৰ পৰা অনিচ্ছাসত্ত্বেও বিৰত থাকিব লগা হয়। নিজৰ স্বৈৰাচাৰী চৰিত্ৰক লেকাম টানি ৰাখিব লগা হয় । কিন্তু ম‍ই কিয় হঠাৎ বিদ্যুতৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ উঠিলোঁ? অৱশ্যে কিছু পলমকৈ কাৰণটো উপলব্ধি কৰিব পাৰিলোঁ। নমিতাৰ মুখত নামটো শুনাৰ কাৰণেই হয়তো মোৰ এই ঈৰ্ষাৰ কাৰণ ৷ কাৰণ ম‍ই নমিতাক ইতিমধ্যেই ভাল পাবলৈ আৰম্ভ কৰিছোঁ। নিজে ভালপোৱা যুৱতী এগৰাকীৰ মুখত এজন অতি সৰৱৰ্তী যুৱকৰ নাম শুনিয়ে হয়তো মই ঈৰ্ষাপৰায়ণ হৈ উঠিছো । কিন্তু বিদ্যুতৰ দৰে এজন যুৱকৰ প্ৰতি ঈৰ্ষাপৰায়ণ হোৱাটো মাথোন অন্যায়ে নহয়, চৰম মানসিক অৱক্ষয়ো। সেয়ে মই নিজক চম্ভালি ক'লোঁমই আকৌ ভাবিছিলো আপোনাক লৈ যাম বুলি। কাৰণ গৌৰাংগকো টিকট এখন দিছে। ঘৰত নাই কাৰণে আপোনাকে লগত লৈ যাম বুলি ভাবিছিলো। আপোনাক বিদ্যুতে টিকট দিছে যেতিয়া টিকটটো এনেয়ে পেলাই দিয়াতকৈ নাৰয়ণকে লগত লৈ যাম বাৰু!

নমিতাই ক'লে- তাক স্কুলৰ পৰাই টিকট দিছে।

তেনেহ'লে টিকটটো বেলেগ এজনক দিব লাগিব।

অনিতাই খন্তেক ভাবি ক'লে- বাইদেউক নিলে কেনে হয়?

বাইদেউ যাব জানো ?

অনিতাই আত্মবিশ্বসেৰে ক'লে- আপুনি ক'লে যাব পাৰে! অভিনেতাৰ ছোৱালী। সৰুতে বাইদেউৰো অভিনয়ৰ প্ৰতি ৰাপ আছিল। কেইখনমান নাটকত শিশুচৰিত্ৰত অভিনয়ো কৰিছিল। অৱশ্যে ডাঙৰ হোৱাৰ পাছত কোনোদিন অভিনয় কৰা নাই। আমাৰ ইয়াৰ সমাজ ব্যৱস্থাৰ কথাতো জানেই! অভিনয় কৰা ছোৱালীক কোনেও ভাল চকুৰে নাচায়। সেয়ে দেউতাই অভিনয় কৰিবলৈ দিয়া নাই। অৱশ্যে যাত্রা, নাটক আদি চোৱাত কোনো বাধা নাই। গতিকে আপুনি কৈ চাওঁক । ভি ডি ও চালে মনটো অলপ ফৰকালো হ'ব। মোৰ বিশ্বাস আপুনি কলে নিশ্চয় যাব।

এইদৰে কৈ অনিতাই বাইদেউ, বাইদেউ' বুলি মাতি হুলস্থূল কৰি কোঠালিৰপৰা ওলাই গ'ল।

এইদৰে হুলস্থূলখন লগাইছ কিয়? কি হ'? বাহিৰত প্ৰমীলা বাইদেউৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ।

নৱদ্বীপদাই আজি তোমাক ভি ডি ও চাবলৈ লৈ যাব।

প্রমীলা বাইদেৱে পৰোক্ষভাবে সন্মতি প্রকাশ কৰি ক'লে- প্ৰদৰ্শনী সন্ধিয়াহে হ'ব। এতিয়াই হুলস্থূলখন লগাইছ কিয় ? গৌৰাংগদাৰ টিকট এখন আছে! সি ঘৰত নাই। গতিকে টিকটটো এনেয়ে যাব। সেয়ে তোমাক লৈ যোৱাৰ কথা ভাবিছো । কিন্তু পেহীক অকলে থৈ যোৱাটো জানো উচিত হ'? প্রমীলা বাইদেৱে আপত্তি দৰ্শালে।

একো নহয় ৷ প্রদর্শনী সন্ধিয়া ছয় বজাত আৰম্ভ হ'ব আৰু দহ বজাত শেষ হ'ব। গতিকে একো অসুবিধা নহয় । অনিতাই যুক্তি দর্শালে। বাৰু, সন্ধিয়া হ'বলৈ দেচোন আগতে। প্রমীলা বাইদেৱে ক'লে- পেহীয়ে যাবলৈ দিলে যাম বাৰু ।

সন্ধিয়া প্ৰদৰ্শনী আৰম্ভ হোৱাৰ কিছু আগতেই আমি আহি প্রদর্শনীস্থলী পালোঁহি। মহিলাসকলৰ কৰাণে আছুতীয়া ঠাইৰ ব্যৱস্থা আছিল যদিও অনিতা মোৰ কাষতে বহিল আৰু প্ৰমীলা বাইদেউ মহিলাসকলৰ কাৰণে সংৰক্ষিত ঠাইত বহিল। যথাসময়ত প্ৰদৰ্শনী আৰম্ভ হ'ল।

ঘটনাটো গতানুগতিক। আজি-কালি চিনেমা বুলিলে নায়ক-নায়িকাৰ প্ৰেম কাহিনী থকাটো পৰম্পৰাৰ দৰে হৈ পৰিছে। টি ভিৰ পৰ্দাত এটা ৰোমাণ্টিক দৃশ্য চলি আছিল। উপভোগ কৰাৰ দৰে দৃশ্য। নমিতাই হঠাৎ মোৰ গাত ঠেলা মাৰি কাণৰ গুৰিলৈ মুখ আনি ক'লে- এই নৱদ্বীপদা টোপনি গ'ল নেকি? নমিতাৰ অপ্ৰত্যাশিত ঠেলা আৰু প্ৰশ্নত ম‍ই ম‍ই চক্ খাই উঠি কলো- আ ! টোপনি ! কতা ?

লেও আপুনি একেবাৰে মনে মনে আছে। উঃ আ ! কিবা এটাতো কৰিব লাগে ! অনিতাই পুনৰ মোৰ কাণৰ গুৰিলৈ মুখ আনি ফুচফুচাই ক'লে।

কাহিনীটো আছিল এক ব্যর্থ প্রেম কাহিনী। ল'ৰালিৰে পৰা নায়ক-নায়িকা ধূলি-মাটিত উমলি-জামলি একেলগে ডাঙৰ-দীঘল হৈছে। যৌৱন কালত সেয়াই প্ৰেমৰ ৰূপ ল'লে । বৰ্তমান সমাজ ব্যৱস্থাই উভয়ৰ প্ৰেমৰ বাটত হেঙাৰ হৈ থিয় দিলে। নায়িকা আছিল ধনী পৰিয়ালৰ আৰু নায়ক আছিল দুখীয়া পৰিয়ালৰ। নায়িকাৰ মুখত সোণ-ৰূপৰ চামুচ আৰু নায়কৰ মুখত দৰিদ্ৰতাৰ নিৰ্মম বঞ্চনা। নায়িকাৰ সকলো আবেদন নিবেদন এটা সময়ত সমাজৰ ধনী-দুখীয়াৰ ভেদৰ প্ৰাচীৰৰ মাজত ঠেকা খাই শান্ত হৈ পৰিল। নায়িকাৰ প্ৰবল আপত্তি সত্ত্বেও দেউতাকে তাইক প্রতিষ্ঠিত ধনী ব্যৱসায়ী এজনৰ পুতেকৰ লগত বিয়া দি উলিয়াই দিলে।

দৰাৰ ঘৰলৈ যোৱাৰ সময়ত নায়িকাই এখন দলঙৰ ওপৰত নায়কক থিয় দি থকা দেখিলে। নায়ক উদাস দৃষ্টিত তন্ময় হৈ নদীৰ বুকুলৈ চাই আছিল । নায়কক দেখি নায়িকা চঞ্চল হৈ উঠিল। অতীতৰ দৃশ্য কিছুমান ভাহি উঠিল তাইৰ চকুৰ আগত। নায়িকা টেক্সিৰ দুৱাৰৰ কাষত বহি আছিল। এটা মুহূৰ্তত নায়িকাই দুৱাৰ খুলি দিলে। টেক্সি ৰৈ গ'ল। কোনেও তর্কিব নোৱাৰাকৈয়ে তাই টেক্সিৰপৰা নামি নায়কৰ ফালে দৌৰিবলৈ ধৰিলে৷ দৰাপক্ষৰ মানুহবোৰো দৌৰিবলৈ ধৰিলে তাইৰ পিছে পিছে। ধৰা পৰাৰ ভয়ত নায়িকাই দলঙৰপৰা নদীৰ বুকুলৈ বুলি জাঁপ মাৰিলে। নায়কে তাইক দৌৰি অহা চাই আছিল। নায়িকাক জাঁপ মৰা দেখি সি বিচলিত হৈ উঠিল। যন্ত্রচালিতৰ দৰে সি নদীৰ বুকুলৈ বুলি জাঁপ মাৰিলে।

ভৰ বাৰিষাৰ নৈ। প্ৰৱল সোঁত। নায়িকা সাঁতুৰিব নাজানে। তাই লাহে লাহে পানীৰ মাজত হেৰাই যাবলৈ ধৰিলেএটা সময়ত তাইৰ হাতখনহে মাথোন পানীৰ ওপৰত দেখা গ'ল। ঠিক তেনেতে গৈ নায়কে তাইক থাপ মাৰি ধৰিলে।

বৰযাত্ৰীসকলে দৃশ্যটো চাই হুৱা-দুৱা লগালে। বচোৱা, বচোৱাবুলি চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে সিহঁতে। ওচৰে-পাঁজৰে ক'তো কোনো নাও নাছিল। ঠিক সেই মুহূৰ্তত বহু দূৰত বিন্দুৰ দৰে লঞ্চ এখন উজাই অহা দেখা গ'ল৷

জীৱন আৰু মৃত্যুৰ প্ৰবল সংগ্ৰাম চলিল নৈৰ বুকুত । নদীৰ সোঁতৰ টানত দুটা প্রাণী লাহে লাহে ভটিয়াই যাবলৈ ধৰিলে আৰু পাৰত থকা মানুহবিলাকে সেই মর্মান্তিক দৃশ্য অসহায়ভাবে প্রত্যক্ষ কৰিবলৈ ধৰিলে ।

লঞ্চখন দেখি আটায়েৰে মনত চকামকাকৈ আশাৰ ৰেঙনি দেখা দিলে। লঞ্চখনে প্ৰাণীহালক উদ্ধাৰ কৰিব পাৰিবনে এই প্রশ্ন সকলোৰে মনত। বহুতে ভাবিলে পাৰিব! কিন্তু ভবামতে নহ'ল। লঞ্চখন আহি পায় মানে দুয়ো পানীৰ মাজত অদৃশ্য হৈ পৰিল। অৰ্থাৎ দুটা প্ৰাণীৰ সলিল সমাধি ঘটিল।

ভিডিওটো চাই আটায়ে ভাৰাক্ৰান্ত মনেৰে ঘৰলৈ গুচি আহিলো। বাটত বিশেষ একো আলোচনা নহ'ল ৷

পাছদিনা ঘৰলৈ যোৱাৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ মাজতে অনিতা আহি উপস্থিত হ'ল।

বেগত কাপোৰ-কানি ভৰোৱা দেখি তাই সুধিলে- আজিয়ে যাব নেকি?

হয়, মাৰ অসুখ। দুদিনমান আগতে নবৌৰপৰা চিঠি এখন পাইছো। নহ'লে দুই চাৰিদিন থাকি পৰীক্ষাৰ উত্তৰ বহীবোৰ চাই যোৱাৰ কথা ভাবিছিলো। কিন্তু অসুখৰ কাৰণে আজিয়ে যাব লগা হ'ল।

অসুখ যেতিয়া যাবই লাগিব দিয়কচোন। অনিতাই পৰামৰ্শ আগবঢ়ালে- বহীবোৰ লৈ যাওঁক, ঘৰতে চাব পাৰিব ৷

এৰা, লৈয়ে যাব লাগিব। অসুখৰ কথা, অহাত কেইদনিমান পলমো হ'ব পাৰে। ইফালে বহীকেইটা নাচালেও সময়মতে ৰিজাল্ট দিয়াত অসুবিধা হ'ব। সেয়ে বহীবোৰ লৈ যোৱাৰ কথা ভাবিছো। কিন্তু ইমানবোৰ বহী নিম কেনেকৈ তাকেহে ভাবিছো। কনৰালৈকেতো খোজ কাঢ়িয়ে যাব লাগিব।

নাৰায়ণক ক'লে সি বেগ দুটা চাইকেলেৰে লৈ যাব পাৰিব। অনিতাই পৰামৰ্শ আগবঢ়ালে।

তেনেকুৱা কিবা এটাই কৰিব লাগিব। আপুনি ঘৰলৈ গৈ নাৰায়ণক পঠাই দিব নেকি বাৰু? মই অনুৰোধৰ সুৰত ক'লো ৷

নিশ্চয় দিম। এই বিষয়ে আপুনি ভাবিব নালাগে।

কালি ভিডিও নাচালে বহুকেইখন বহী চাই যাব পাৰিলোহেঁতেন। তেনেহ'লে বোজা কিছু হ'লেও কম হলহেঁতেন।

অনিতাই হঠাৎ সুধিলে- বাৰু নৱদ্বীপদা, কালিৰ কাহিনীটো কেনে পালে?

অনিতাৰ প্ৰশ্ন শুনি ম‍ই কিছু সময় তাইৰ মুখলৈ চাই ৰ'লো ৷ কাৰণ কাহিনীটো মোৰ বেয়া লগা নাই। ক'বলৈ গ'লে মোটা-মুটি ভালেই লাগিছে। বেয়া লাগিছে মাথোন নায়ক-নায়িকাৰ সলিল সমাধি হোৱা দৃশ্যটো দেখি। ইফালে ভাল লগা বা নলগা বিষয়টো আপেক্ষিক। এজনৰ ভাল লগা বস্তু এটা আন এজনৰ বেয়া লগাটো স্বাভাৱিককাৰণ এজনে টেঙা অথবা মিঠা ভাল পাব পাৰে; কিন্তু সেই একেটা বস্তুই আন এজনে বেয়া পাব পাৰে। সেয়ে বিশেষ নভবাকৈ হঠাৎ কৈ পেলালো- ভাল লগা নাই।

কিয়? অনিতাৰ চমু প্রশ্ন ।

নায়ক-নায়িকাৰ সলিল সমাধি হোৱাত৷ মই চমুকৈ উত্তৰ দিলো ৷

মই কিন্তু ভালেই পাইছো, তেনেকৈ সলিল সমাধি হোৱাত ৷

কিয় ?

অনিতাই নিজৰ যুক্তি দাঙি ধৰিলে- কাৰণ ব্যর্থ প্রেমেই প্রকৃত প্রেম। প্রেম মানে মাথোন পোৱাই নহয়। ব্যর্থতাই প্ৰেমক মহীয়ান কৰে । আপুনি ভাবেনে বিয়া-বাৰু হ'লে সিহঁত সুখী হ'লহেঁতেন ! সিহঁতৰ প্ৰেমৰ পবিত্রতা একেদৰেই অটুট থাকিলহেঁতেন বুলি ডাঠি ক'ব পাৰিবনে ? বিয়া-বাৰু হ'লে সংসাৰ সমুদ্ৰৰ চাকনৈয়াত পৰি সিহঁতৰ প্ৰেম, প্ৰেম হৈ নাথাকিলহেঁতেন। প্রেম গৈ শেষত কামনাত পৰিণত হ'লহেঁতেন। হৃদয়ৰ সম্পৰ্কতকৈ দৈহিক সম্পৰ্ক মুখ্য হৈ উঠিলহেঁতেন। এপাল ল'ৰা-ছোৱালী, এশ এবুৰি সমস্যা সিহঁতৰ প্ৰেমৰ মাজত হেঙাৰ হৈ থিয় হ'লহেঁতেন। তদুপৰি মিলনাত্মক প্ৰেমৰ কাৰণে কোনেও চকুপানী নুটুকে বিয়োগাত্মক প্ৰেমৰ কাৰণেহে মানুহে চকুপানী টুকে। ব্যর্থ প্ৰেমেহে মানুহৰ হৃদয়ত সাঁচ বহুৱাব পাৰে, মিলনাত্মক প্রেমে কেতিয়াও মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। যি প্ৰেমে মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱোৰে সেই প্ৰেমৰ মূল্য কি? ৰজকিনী- চণ্ডীদাস, লাইলী-মজনু, শিৰী-ফৰহাদ এওঁলোকৰ প্ৰেম মহান হোৱাৰ আঁৰতে আছে বিয়োগাত্মক পৰিণতি। এওঁলোকৰ মিলন হ'লে আমি এওঁলোকৰ নাম জানিলোহেঁতেন জানো? অনিতাই প্ৰায় মুখস্থৰ দৰে কথাবোৰ কৈ মোৰ চকুত চকু থৈ কলে- এতিয়া বুজিলেনে মোৰ ভালপোৱাৰ কাৰণ?

অনিতাৰ কথাত যুক্তি আছে। তথাপি ম‍ই তৰ্কৰ খাতিৰতে ক'লো- যদি আটায়েৰে প্ৰেম এনেকৈ ব্যৰ্থ হ'লহেঁতেন তেনেহ'লে জানো এই পৃথিবীখন তিষ্ঠি থাকিলহেঁতেন ! ব্যর্থপ্রেম নাটক উপন্যাসত মহান হ'লেও বাস্তৱত ই কিন্তু খুবেই ভয়াৱহ ।

তথাপিও আমি ব্যর্থপ্রেমকে সদায় শ্রদ্ধা জনাই আহিছো। প্ৰেমত ব্যর্থতা আছে বুলিয়েতো প্রেম ইমান মহান। যুগে যুগে মানুহ প্ৰেমৰ পাছত বলিয়াৰ দৰে দৌৰি ফুৰিছে। প্ৰেমৰ কাৰণে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাই মানুহে । অনিতাই ক'লে।

আজি-কালি আমাৰ সমাজত যি প্ৰেমৰ তাণ্ডৱ চলি আছে ইয়াক প্ৰেম নুবুলি কামনা বুলিব পাৰে ৷ মই ক'লো ৷

ডেকা-গাভৰুৰ প্ৰেমত কামনা থাকিবই। ডেকা-গাভৰুৰ প্ৰেম কেতিয়াও ৰূপ-ৰস-গোন্ধহীন হ'ব নোৱাৰে।

প্রমীলা বাইদেৱে হঠাৎ ঘৰৰ ভিতৰলৈ সোমাই আহি ক'লে- মই বাহিৰৰ পৰা তহঁতৰ যুক্তি-তর্ক শুনি আছো। আজি-কালিৰ প্ৰেম, প্ৰেম নহয় কামনাহে। প্রকৃত প্রেমে কেতিয়াও প্রতিদান নিবিচাৰে; কিন্তু আজি-কালি প্রতিদান নহ'লে সেই প্রেম দুদিনো টিকি নাখাকে ৷ বর্তমান প্ৰেমৰ নামত কামনাৰহে বেহা চলি আছে আৰু যি প্ৰেমত কামনা আছে তাক প্ৰেম নুবুলি অনাচাৰ বুলি ক'ব পাৰা । আমাৰ সমাজত বৰ্তমান প্ৰেমৰ নামত অনাচাৰে হৈ আছে। প্ৰাক্‌বৈবাহিক প্রেম কেতিয়াও গ্রহণযোগ্য নহয়। বিবাহৰ পাছত এহাল নৰ-নাৰীৰ মাজত যি প্ৰেমৰ উদ্ভৱ হয় সেয়াই হৈছে প্ৰকৃত প্ৰেম। যাক আমি কওঁ দাম্পত্য-প্রেম। যি প্রেমে এহাল নৰ-নাৰীক সংসাৰত বান্ধি ৰাখে। এজনৰ সুখ আন এজনৰ সুখৰ আৰু এজনৰ দুখ আন এজনৰ দুখৰ কাৰণ হয়। দাম্পত্য-প্ৰেমত কামনা থাকিলেও তাত সমাজৰ স্বীকৃতি আছে। য'ত সমাজৰ স্বীকৃতি নাই তাক কেতিয়াও প্ৰেম বুলি ক'ব নোৱাৰি। আজি-কালিৰ প্ৰেম হৈছে মাক-বাপেকক অস্বস্তিত পেলোৱা প্ৰেম। এই প্ৰেমৰ কোনো মূল্য নাই। এই প্ৰেমৰ নাম হৈছে অনাচাৰ ৷ অনাচাৰৰ জৰিয়তে কেতিয়াও সমাজৰ মংগল সাধন নহয় ।

দাম্পত্য প্ৰেমৰ বান্ধোন চিঙি যিসকলে পৰকীয়া প্ৰেমত লিপ্ত হয় সিহঁতক কি বুলি কবা? অনিতাই শ্লেষ মিহলি সুৰত সুধিলে।

এনেকুৱা কৰে কাপুৰুষেহে। প্রমীলা বাইদেৱে ক্ষোভেৰে সৈতে ক'লে- দাম্পত্য প্রেমক ভৰিৰে ঠেলি যিসকল সংসাৰ ত্যাগী হয় সিহঁতে কাপুৰুষ। সমাজৰ চকুত সিহঁত মহান হ'লেও প্রকৃতাৰ্থত সিহঁত স্বাৰ্থপৰকামুক, লোভী পুৰুষ। সেই দাম্পত্য-প্রেমো অনাচাৰৰ বাহিৰে আন একো নহয় ।

প্রমীলা বাইদেৱৰ শেষৰ কথাফাকিত ক্ষোভ প্ৰচ্ছন্ন হৈ আছিল । ছাইচেপা জুইৰ দৰে প্ৰমীলা বাইদেৱৰ হৃদয়ত যি ক্ষোভৰ জুই উমি উমি জ্বলি আছিল তাইৰ কথাত তাৰেই যেন বহিঃপ্রকাশ ঘটিল। পৰেশ চৌধুৰীয়ে তাইৰ প্ৰতি কৰা অন্যায়ে যে এই ক্ষোভৰ কাৰণ সেই কথা উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল।

সেয়ে মই প্ৰসংগটো সলনি কৰিবলৈ ক'লো- বাইদেউ, আপোনাৰ কথাত যুক্তি আছে। কিন্তু অনাচাৰ আছে বুলিয়েতো আমি আচাৰৰ মহত্ত্ব উপলব্ধি কৰিব পাৰো। সুখ-দুখৰ দৰে এইবোৰো এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি । মই প্ৰসংগ সলনি কৰি ক'লো- এতিয়া এইবোৰ যুক্তি- তৰ্ক এৰক ৷ ৰন্ধা-বঢ়া কিমানদূৰ আগবঢ়িল তাকে কওঁক ? ম‍ই আজি ঘৰলৈ যাম।

ভাত হ'লেই । আঞ্জা হৈ আছে। তুমি গা-পা ধুই আহাগৈ ৷

অনিতাই কলে- মই নাৰায়ণক পঠাই দি আছো। আপুনি ভাত-পানী খাই ৰেডি হওঁক। এইদৰে কৈ অনিতা ঘৰলৈ বুলি ওলাই গ'ল ।

মই অনিতাৰ পিছে পিছে ওলাই আহি গা-ধোৱাৰ উদ্দেশ্যে বাথৰোমলৈ সোমাই গ'লো।

                        এঘাৰ

আবেলি আহি ঘৰ পালোহি। মই পোনে পোনে মাৰ শোৱনি কোঠালি লৈ সোমাই গ'লো। মা নিশ্চল হৈ বিছনাত শুই আছিল।

মা, কেনে আছা? মই মাৰ সোঁহাতখনত ধৰি মাতিলো ৷

মোৰ মাত শুনি মাৰ শৰীৰত যেন প্ৰাণৰ সঞ্চাৰ হ'ল ৷ তাই মোৰ হাতখনত ধৰি ক'লে- তই আহিলি বোপা! ভালেই কৰিছ। মই ভাবিবই পৰা নাছিলো তোক পুনৰ দেখিবলৈ পাম বুলি। মাজতে এদিন অসুখ খুউব বেছি হৈছিল। সিদিনা মই জীয়াই থকাৰ আশা এৰিয়ে দিছিলো । তোৰ মুখখন চাবলৈেেক হয়তো ম‍ই নমৰাকৈ আছো ৷

অসুখৰ খবৰ অৱশ্যে মই এসপ্তাহমান আগতেই পাইছো । কিন্তু ল'ৰা-ছোৱালীৰ পৰীক্ষা চলি থকাৰ কাৰণে ছুটী খুজিবলৈ বেয়া লাগিল ৷ মই কৈফিয়তৰ সুৰত ক'লো ৷

ভালেই কৰিছ। মা'ই মোক এইদৰে সান্ত্বনা দি নবৌক উদ্দেশ্য কৰি ক'লে- বোৱাৰী, এওঁৰ কাৰণে চাহ-জলপানৰ ব্যৱস্থা কৰাগৈ। নবৌক এইদৰে পৰামৰ্শ দি ক'লে- বোপা যা, হাত-মুখ ধুই চাহ-জলপান খাই গাটো অকনমান টঙাই লগৈ ।

তুমি ইমান ব্যস্ত নহবাচোন, মা। আহিছে৷ অকনমান জিৰাই-শতাই লওঁ। তাৰ পাছত যি কৰিব লাগে কৰিম ৷

দুখে-ভাগৰে আহিছমাই মাতৃসূলভ বিহ্বলতাৰে ক'লে-চাহ-জলপান খালে গাটো ভাল লাগিব । শুনিছো ৰাস্তা-ঘাট বৰ বেয়া ৷ আহোঁতে খুবেই কষ্ট হৈছে হয়তো।

ৰাস্তা-ঘাট নাই বুলিয়ে ক'ব পাৰা। বহু বাট খোজ কাঢ়িও যাব লাগে।

এতিয়াও ৰাস্তা-ঘাট নোহোৱাৰ কাৰণ কি? তাত মন্ত্রী এম এল এ নাই নেকি ?

আছে। জানাইতো মন্ত্রী এম এল এৰ কথা। একমাত্ৰ ভোটৰ সময়তহে তেওঁলোকৰ ভোটাৰলৈ মনত পৰে। তদুপৰি নৈপৰীয়া অঞ্চল। বছৰে বছৰে বানপানী হৈ থাকে । ৰাস্তা-ঘাট বান্ধিলেও বাৰিষা বানে সেইবোৰ ভাঙি-চিঙি নিয়ে।

এনেতে নবৌয়ে মাতিলে- বোপা, পানী দিছো, হাত-মুখ ধুই আহা। চাহ ৰেডি

হাত-মুখ ধুই আহি মই পাকঘৰত প্ৰবেশ কৰি নবৌৰ কাষতে মূঢ়া এখনত বহিলো। নবৌয়ে চাহৰ কাপ মোলৈ আগবঢ়াই কলে- ঘৰৰ কথা আজিহে মনত পৰিল ?

আজি মনত পৰিব কিয়, সদায় মনত পৰি থাকে। মই নবৌক সান্ত্বনা দিয়াৰ কাৰণে কলো- কিন্তু কি কৰিম, চাকৰিৰ কথা !

নবৌয়ে কৃত্রিম খং প্রকাশ কৰি ক'লে- মাষ্টাৰ বাবু, সিও ভেঞ্চাৰ স্কুলৰ। দৰমহা পোৱাবোৰে কেইদিন স্কুললৈ যায় আমি নাজানো বুলি ভাবিছা নেকি?

স্কুল ভেঞ্চাৰ হ'লেও ছাত্ৰ-ছাত্ৰীতো ভেঞ্চাৰ নহয়। মই নবৌক কথাষাৰৰ গূঢ়াৰ্থ বুজাই ক'লো- চৰকাৰী স্কুলৰ ল'ৰা-ছোৱালীবোৰে যিবোৰ কিতাপ পঢ়ে, ভেঞ্চাৰ স্কুলৰ ল'ৰা-ছোৱালীবোৰেও সেইবোৰ একেই কিতাপ পঢ়ে । আমি ফাঁকি দিলে ল'ৰা-ছোৱালীৰ অৱস্থা কি হব কোৱাচোনতদুপৰি পৰীক্ষালৈ বৰ বেছি দিন নাছিল

বাদ দিয়া, লেক্‌চাৰ মাৰিব নালাগে। নবৌয়ে চকু-মুখত হাঁহিৰ ৰেখা আঁকি কটাক্ষ কৰি ক'লে- তাত কোনোবা ৰূপহীৰ মোহত ভোল গৈছা বুলি আমি নাজানো নেকি! নহ'লে ইমানদিন কেনেকৈ থাকিব পাৰিলা? ভাবাচোন, ঘৰৰ পৰা যোৱা প্ৰায় তিনি মাহেই হ'ল।

কথাষাৰ শুনি মই চক্ খাই উঠিলো। নবৌয়ে মোৰ মনৰ কথা গম পালে কেনেকৈ ? অনিতাৰ প্ৰতি মোৰ যি দুৰ্বলতাৰ ভাব গঢ় লৈ উঠিছে, সেয়া মোৰ বাহিৰেতো কোনেও নাজানে! এনেকি অনিতায়ো নাজানে। একমাত্র প্রমীলা বাইদেৱেহে কথাটো অকনমান টং কৰিব পাৰিছে। কিন্তু তাই এই কথা নবৌক জনাব কেনেকৈ? প্রমীলা বাইদেৱৰ লগত দেখোন নবৌৰ পৰিচয়ে নাই! তেনেহ'লে কোনে ক'লে নবৌক এই কথা ! নে নবৌৰ অনুমানহে মাথোন !

মই মনৰ ভাব গোপন কৰি ক'লো- তুমি ভবাটো নহয়, নবৌ! আচলতে পৰীক্ষা চলি থকাৰ কাৰণে আহিব পৰা নাছিলো ৷ এইদৰে নবৌক সান্ত্বনা দি প্ৰসংগ সলনি কৰি ক'লো- ককাইদেউক দেখোন দেখা নাই! ক'ৰবালৈ গৈছে নেকি ?

বজাৰলৈ গৈছে। পিন্টু বাবলুৰ গৰম কাপোৰ নাই। কাপোৰ কিনিবলৈ গৈছে।

চাহ-জলপান শেষ কৰি মই বজাৰলৈ বুলি ওলালো। আমাৰ ঘৰৰপৰা বজাৰখন এফার্লংমান আঁতৰত। বজাৰলৈ আহিয়ে ম‍ই প্ৰথমতে গলো ডাক্তৰৰ ওচৰলৈ। ডাক্তাৰ মানে কমপাউণ্ডাৰ। চাব-চেণ্টাৰ এখন আছে যদিও সপ্তাহত এদিনহে ডাক্তৰ আহে। বাকী দিনকেইটা কমপাউণ্ডাৰেই কাম চলাই নিয়ে। মাৰ অসুখৰ বিষয়ে আলোচনা কৰাত তেওঁ ক'লে- বয়স হৈছে। এতিয়া অসুখ সম্পূৰ্ণৰূপে নিৰাময় নহয় ৷ ঔষধ খায়ে জীয়াই থকা দিনকেইটা পাৰ কৰিব লাগিব। ডাক্তৰৰ লগত পৰামৰ্শ কৰিয়ে ঔষধ দিয়া হৈছে। খুড়ী এতিয়া কেনে আছে? মই বহুদিন খবৰে কৰিব পৰা নাই।

মাৰ হাপানিঠাণ্ডাৰ ছিজন আৰম্ভ হোৱাৰ লগে লগে অসুখৰ মাত্ৰা বাঢ়ি যায়। ইফালে বয়সো হৈছে। সঠিক হিচাপ নাই যদিও মাই কোৱা মতে আশীৰ দেওনা কেতিয়াবাই পাৰ কৰিছে।

এতিয়া হাপানি কিছু কমিছে যদিও খুউব দুর্বল।

মই ভিটামিন এটা লেখি দিছো। খালে গাত অলপ বল পাব। এইদৰে কৈয়ে কম্পাউণ্ডাৰে ঔষধ লিখি দিলে।

কি ঔষধ লিখিছে পঢ়িবলৈ যত্ন কৰিলো। কিন্তু পাঠোদ্ধাৰ কৰিব নোৱাৰিলো। ফাৰ্মাচীলৈ যোৱাৰ বাটতে ডাঙৰ ককাইদেউক লগ পালো। ককাইদেৱে মোক দেখি কলে- কেতিয়া আহিলি?

কিছু আগতে আহি পাইছো। চাহ-পানী খাই মাৰ ঔষধৰ কাৰণে ওলাই আহিছো ৷

ঔষধ ললি নেকি?

নাই লোৱা৷ কম্পাউণ্ডাৰে ঔষধ লেখি দিছে। ঔষধ লোৱাৰ কাৰণে ফাৰ্মাচীলৈ গৈ আছো।

চাওঁ, কি ঔষধ লিখিছে!

মই পকেটৰ পৰা প্ৰেচক্রিপশ্বন উলিয়াই ককাইদেউৰ হাতত দিলো ।

ককাইদেৱে প্ৰেচক্রিপশ্বনখন পঢ়িবলৈ যত্ন কৰিলে; কিন্তু পাঠোদ্ধাৰ কৰিব নোৱাৰি ক্ষোভেৰে সৈতে ক'লে- ডাক্তৰসকলৰ কিন্তু এইটো বৰ খাম-খেয়ালী। জীৱন মৰণৰ খেল। মানুহে পঢ়িব পৰাকৈ লেখিলে কিনো জগৰটো লাগে! আমিতো একো বুজিবই নোৱােিলা, এতিয়া দোকানীয়ে যদি বেলেগ ঔষধ দিয়ে আমি বুজিম কেনেকৈ!

ডাক্তৰসকলে আচলতে কেপিটেল লেটাৰেৰে লেখা উচিত। এনেকুৱাই হেনো নির্দেশ আছে।

সি যিয়ে নহওঁক কিয় প্ৰেচক্রিপশ্বনৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিলেও ঔষধে কাম দিলে। দুদিনমান পাছত মা উঠি বহিব পৰা হ'ল আৰু নিজে নিজেই চলা-ফুৰা কৰিবপৰা হ'ল।

সিদিনা মই পৰীক্ষাৰ উত্তৰ বহীবোৰ চাই আছিলো। নবৌ কোঠালিটো লৈ সোমাই আহিল। চকী এখন টানি আনি মোৰ কাষতে বহি কলে- কোন দিনা যাবা বুলি ঠিক কৰিছা ?

দুই এদিনৰ ভিতৰতে যাব লাগিব। বহীবোৰ প্ৰায় মূল্যায়ন কৰা হ'লেই। বহীবোৰ জমা দিলেহে ৰিজাল্ট ৰেডি কৰিব পাৰিবইফালে টিউচনো পঢ়ুৱাই আছো। নহ'লে আৰু কেইদিনমান থকাৰ ইচ্ছা আছিল। শেষৰ কথাফাকি মই কৈফিয়তৰ সুৰত ক'লোঁ ।

এই মাত্ৰ দেখোন পৰীক্ষা হৈ গ'ল ! এতিয়া আকৌ টিউচন পঢ়িব কোনে? নবৌৰ চকু-মুখত অনুসন্ধিৎসা।

হঠাৎ মোৰ চকুৰ আগত অনিতাৰ মুখখন ভাহি উঠিল। কিন্তু অনিতাৰ কথা কোৱাটো সম্ভৱ নহয় বুলি মই নবৌক আভুৱা-ভাঁৰিবলৈ কলো- মেট্ৰিক ফাইনেলৰ ল'ৰা-ছোৱালী কেইজনমানক টিউচন পঢ়ুৱাই আছোঁ ৷

' হয় নেকি! তেনেহ'লেতো যাবই লাগিব। যিদিনা তোমাৰ মন যায় যাবা বাৰু। নবৌয়ে সেমেনা-সেমেনি কৰি ক'লে- তোমাৰ লগত আলোচনা কৰিব লগা আছে।

আলোচনা! কি আলোচনা? মই দেখোন আলোচনা কৰিবলগা তেনে একোকে দেখা নাই। মই কৌতুহলী হৈ উঠিলো।

অৱশ্যে তেনেকুৱা কোনো আলোচনা নহয়নবৌয়ে ৰহস্যময় হাঁহিমাৰি ক'লে- আয়ে কথাটো ক'বলৈ দুদিনমানৰ পৰা কুতুৰি আছে৷

আইৰ কথা কোৱাত মই অধিক কৌতুহলী হৈ উঠিলো। আগ্ৰহেৰে সুধিলো- কি কথা কোৱাচোন?

আজি নহ'লে থাকক। বেলেগ এদিন ক'ম বাৰু। কথাও বিশেষ একো নহয়। বহীকেইটা চাই লোৱা আবেলিলৈকে ক'ম বাৰু।

মোৰ কৌতুহল বাঢ়ি গ'ল। বহীকেইটা একাষৰীয়া কৰি থৈ কলো- আজি বহুকেইটা বহী চোৱা হ'ল । এতিয়া আৰু চোৱাৰ মুডনাই। কি কবা, কৈ পেলোৱা ।

বাৰু, শুনিব খুজিছা যেতিয়া শুনা। নবৌয়ে ভুমিকাৰে আৰম্ভ কৰিলে- এতিয়াতো হোৱাই-নোহোৱাই চাকৰি এটা হ'ল দিয়াচোনআইৰ অৱস্থাও ভাল নহয় । কেতিয়া কি হয়, একো ঠিক নাই। আয়ে তোমাৰ বিয়াখন চাবলৈ উদ্বাউল হৈ উঠিছে। মোক কথাটো ক'বলৈ দুদিনমানৰপৰা কুতুৰি আছে। মইহে ক'বলৈ ভৰসা পোৱা নাই ।

বিয়াৰ কথা শুনাৰ লগে লগে মোৰ চকুৰ আগত অনিতাৰ মুখখন ভাহি উঠিল। ক'বলৈ ইচ্ছা গৈছিল- কইনা মই চায়ে থৈছো; এতিয়া চাই- মেলি সম্বন্ধটো পাতি দিলেই হ'ল আৰু। কিন্তু ক'ব নোৱাৰিলো ৷ কাৰণ অনিতাক ম‍ই ভাল পাওঁ ঠিকেই, কিন্তু তাই মোক ভাল পায় নে নাপায় এই বিষয়ে ম‍ই নিশ্চত হ'ব পৰা নাইতদুপৰি এতিয়াও মোৰ আয়ৰ কোনো উৎস নাই। ভেঞ্চাৰ স্কুলত সোমাইছোহে মাথোন। স্কুলখন কেতিয়া চৰকাৰীকৰণ হয় তাৰো একো ঠিক নাই।

সেয়ে মই হাঁহি মাৰি ক'লো- বিয়া ! নিজেই লোকৰ দয়াৰ ওপৰত বৰ্তি আছো, এতিয়া ভূতৰ ওপৰত দানহ চপাই ল'লে হৈছে আৰু !

আজি নহ'লেও কাইলৈ তো কৰাবই লাগিব। নবৌয়ে কথাটো বুজাই কলে- আইৰ বৰ ইচ্ছা। সেই কাৰণেহে কৈছো৷ ইয়াত হাঁহিবলৈ কিটো আছে!

তোমাৰ কথা শুনি হাঁহিছো। ভেঞ্চাৰ স্কুলৰ চাকৰি। দৰমহা বুলিবলৈ একো নাই। দূৰৰ কাৰণে হাত-খৰচৰ কাৰণে দুশমানকৈ দি আছে। বিয়া কৰালে কইনাক খুৱাম কি?

কি খুৱাৱা সেই চিন্তা তুমি কৰিব নালাগে। তোমাৰ দৰমহা নোহোৱালৈকে কিবা এটা ব্যৱস্থা নিশ্চয় হ'ব। আমি মৰিছো বুলি ভাবিছা নেকি?

'লেও নবৌ মই ৰিক্স ল'ব খোজা নাই। আগতে চাকৰিটো হওঁক তাৰ পাছতহে বিয়া । তদুপৰি বয়সে বা কিমান হৈছে?

বি এ পাছ কৰাৰ পাছত এম এ-ও পাছ কৰিলা । এতিয়াও বিয়াৰ বয়স হোৱা নাই বুলি ভাবিছা নেকি? নবৌয়ে শ্লেষ মিহলি সুৰত ক'লে ।

আচলতে নবৌ, বিয়া বস্তুটো ল'ৰা-ধেমালি নহয়। বিয়া মানে এটি সংসাৰৰ দায়িত্ব। সেয়ে বিয়া বস্তুটো বয়সতকৈ ইন্‌কামৰ ওপৰতহে বেছি নিৰ্ভৰ কৰে। এতিয়া হ'ল জীৱনটো উপভোগ কৰাৰ সময়। এতিয়াই দায়িত্ব চপাই ল'লে জীৱনটো উপভোগ কৰিম কেতিয়া? সময় হ'লে মই নিজেই ক'ম বাৰু। এতিয়া এই বিষয়ে তোমালোকে মূৰ ঘমোৱাৰ প্ৰয়োজন নাই।

মোৰ খাটাং কথাত নবৌ কিছু পৰিমাণে অপ্রস্তুত হৈ উঠিল। ক'লে তাই- তেনেহ'লে মই আইক তুমি কোৱা ধৰণেই কওঁগৈ, নে কি কোৱা ?

মই বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বুলি পোনপটীয়াভাবে কলে মাই মোক নিজে কথাটো ক'ব পাৰে। মাই নিজে কলে তেতিয়া কথাটো প্রত্যাখান কৰা সম্ভৱ নহ'বও পাৰে। সেয়ে মই বাধা দি ক'লো- নাই নাই, মাক একো ক'ব নালাগে। কথাটো ভাবি-চিন্তি তোমাক ম‍ই পাছত জনাম বাৰু।

ইয়াৰ পাছত দুদিনমান ঘৰত কটালো যদিও নবৌয়ে এই বিষয়ে মোক একো নুসুধিলে। বাঘবৰলৈ অহাৰ বাটত মোক আগবঢ়াই থওঁতে নবৌয়ে কলে- সিদিনাৰ কথাটো কিছুদিনৰ ভিতৰতে মোক জনাবা। কুশল-বাতৰি জনাই মাজে-সময়ে চিঠিপত্র দি থাকিবা। আয়ে তোমাৰ কাৰণে বৰ চিন্তা কৰি থাকে ।

মই সন্মতিসুচক মূৰ দুপিয়াই বাঘবৰলৈ বুলি ৰাওণা হ'লো। মনৰ ভাব, কেতিয়া গৈ অনিতাৰ মুখখন দেখিবলৈ পাম। এই কেইদিন অনিতাক নেদেখি মনটো বৰ উৰুঙা উৰুঙা লাগি আছে। ইয়াকেই বাৰু প্ৰেম কয় নেকি?

                                     বাৰ

বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন। অধিবেশনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িল। পূর্ণোদ্যমে অধিবেশনৰ প্ৰস্তুতি চলিবলৈ ধৰিলে। সাংস্কৃতিক বিভাগৰ সকলো দায়িত্ব পৰিছে মোৰ ওপৰত। কাৰণ গৌৰাংগই জানে, গান-বাজনাত মোটা-মুটি মোৰ দখল আছে। কলেজত পঢ়ি থাকোঁতে প্রায় সকলোবোৰ সাংস্কৃতিক অনুষ্ঠানতে অংশ গ্ৰহণ কৰিছিলো। অৱশ্যে লেখত ল'ব লগীয়া তেনে কোনো অৱদান নাই মোৰ সাংস্কৃতিক জগতত। সুৰ তাল মোটা-মুটি বুজি পাও। হাৰমোনিয়াম, তবলা, দোতাকে আদি কৰি দুই চাৰিটা বাদ্যযন্ত্ৰও বজাব জানো। সংগীত ভাল পাও। কেতিয়াবা সুবিধা পালে সৰু-সুৰা অনুষ্ঠানত গীত পৰিৱেশন কৰাৰো অভিজ্ঞতা আছে। অভিনয়ৰ প্ৰতিও ৰাপ আছে। হাইস্কুলত পঢ়ি থাকোঁতে একাংকিকাত অভিনয় কৰিছিলো। কলেজত ভৰ্ত্তি হোৱাৰ পাছৰপৰা অভিনয় কৰি পোৱা নাই ।

লোকগীত, বৰগীত, জ্যোতি সংগীত, ৰাভা সংগীত আদি অশেষ যত্ন কৰি ছাত্ৰ-ছাত্ৰীক শিকোৱা হ'ল। ল'ৰা-ছোৱালীয়ে মোটা-মুটি ভালেই গাব বুলি ধাৰণা এটাও হ'ল। কিন্তু লেঠা লাগিল আধুনিক গীত লৈ। আধুনিক গীত গাব পৰা ল'ৰা-ছোৱালী নুলাল । যাৰ কণ্ঠ আছে তাৰ তাল নাই, আকৌ যাৰ তাল আছে তাৰ কণ্ঠ নাই। ইফালে আধুনিক গীত দুই এটা নাথাকিলেও ভাল নেদেখি !

এদিন মই কথাটো অনিতাক জনালো- স্কুলৰ অধিবেশন লৈ ডাঙৰ সমস্যা হ'ল !

সমস্যা! কি সমস্যা? অনিতাই আগ্ৰহেৰে সুধিলে।

আধুনিক গীত গাব পৰা ল'ৰা-ছোৱালী এজনো নাই ছাত্ৰ-ছাত্ৰীৰ মাজত । স্কুলীয়া ফাংচন। বাহিৰৰ পৰা গণ্য-মান্য ব্যক্তিসকল আহিব ! দুই চাৰিটা আধুনিক গীত নহ'লে ভাল দেখা যাব জানো?

মোক শিকাই লওঁক। অনিতাই ঠাট্টাৰ সুৰত ক'লে ।

ঠাট্টা নহয়, বুজিছেএই বিষয় লৈ মই বৰ সমস্যাত পৰিছো। সাংস্কৃতিক বিভাগটো আছে মোৰ তত্ত্বাৱধানত। আধুনিক গীত নহ'লে বিদ্যালয়খনৰ লগতে মোৰো দুৰ্নাম হ'ব। মই কথাটোৰ গুৰুত্ব বুজাই ক'লো ৷

মই ক'লোৱেতো মোক শিকাই লওঁক। অনিতাই নিৰ্বিকাৰভাবে ক'লে ।

আপুনি সঁচাকৈয়ে গাব জানো? মই আগ্ৰহেৰে সুধিলো ।

আপুনি ক'লে গাবওতো পাৰো ! তেনেকৈ অভ্যাস নাই যদিও চেষ্টা কৰিলে নিশ্চয় গাব পাৰিম। গুৱাহাটীত থাকোঁতে ৰেডিওত শুনি শুনি দুই চাৰিটা গীত মুখস্থও কৰিছো ৷ ৰবীন্দ্ৰ সংগীত, নজৰুল গীতিও দুই এটা গাব পাৰো। অনিতাৰ সুৰত দৃঢ়তা ৷

মই ছিৰিয়াছ হৈ কলো- যদি সঁচাকৈয়ে কৈছা তেনেহ'লে আজি স্কুললৈ যাবা। মই পকেটৰ পৰা আধুনিক গীতৰ বহীখন উলিয়াই অনিতাৰ ফালে আগবঢ়াই ক'লো- লোৱা, বহীখন লৈ যোৱা। ইয়াত বহু কেইটা আধুনিক গীত লেখা আছে। তোমাৰ পছন্দ মতে যিকোনো চাৰি পাঁচটা মান গীত ছিলেক্ট কৰিবা। মোৰ বিশ্বাস তুমি পাৰিবা ৷

অনিতাই মোৰ হাতৰ পৰা বহীখন লৈ পাত লুটিয়াই ক'লে- কেতিয়া যাম ?

দুই মান বজাত গ'লেই হ'ব। তোমাৰ কাৰণে মই অপেক্ষা কৰি থাকিম। মই উৎসাহিত কণ্ঠত কলো।

আঢ়ৈমান বজাত অনিতা স্কুললৈ আহিল৷ অনিতা মোৰ ওচৰত থকা চকী এখনত বহি গীতৰ বহীখন মেজৰ ওপৰত থলে। মই বহীখনৰ পাত লুটিয়াই সুধিলো- প্রথমে কোনটো গীত গাবা ?

মই বহীখন ধৰি থকা অৱস্থাতে অনিতাই বহীৰ পাত লুটিয়াই যাবলৈ ধৰিলে। তাৰ পাছত বিশেষ গীত এটিলৈ আঙুলিয়াই কলে- ভূপেন হাজৰিকাৰ এই গীতটো প্ৰথমতে চেষ্টা কৰি চাও । এই গীতটো মোৰ মোটা-মুটি আয়ত্বত আছে। বাদ্যযন্ত্ৰৰ লগত তাল মিলাই গাব পাৰিম, নে নাই সন্দেহ আছে!

নিশ্চয় পাৰিবা । মই তাইক উৎসাহিত কৰিবলৈ ক'লো- অভিনেতাৰ ছোৱালী । তাল লয় তোমাৰ তেজতে আছে। গতিকে চেষ্টা কৰিলে নিশ্চয় পাৰিবা।

মই হাৰমোনিয়ামত সুৰ তুলিলো। গল খেকাৰি মাৰি অনিতাই গাবলৈ আৰম্ভ কৰিলে- মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, কোনোনো ভাবিব সমনীয়া...... স্থায়ী ভালদৰেই গালে। উপস্থিত আটায়ে হাত চাপৰিৰে অভিনন্দন জনালে। ময়ো মোৰ অজানিতে কৈ উঠিলো-অপূৰ্ব ! অন্তৰা সঞ্চাৰিকে আদি কৰি সম্পূৰ্ণ গীতটো গোৱা হ'ল। গীতটো সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ হাত চাপৰিৰ শব্দত ৰজনজনাই উঠিল হলঘৰটো।

অনিতাৰ মাজত যে এনেকুৱা প্ৰতিভা লুকাই আছে মই যেন বিশ্বাসেই কৰিব পৰা নাই! সময়মতে ৰেওয়াজৰ সুবিধা পালে হয়তো এগৰাকী ভাল গায়িকাই হ'ব পাৰিলেহেঁতেন। অনিতাৰ দৰেই সময় আৰু সুযোগৰ অভাৱত এনেকুৱা বহু প্ৰতিভা বনত ফুলা ফুলৰ দৰে লোক চক্ষুৰ অন্তৰালত অকালত সৰি জহি-খহি যায়৷

মই কৃতজ্ঞতাত গদ্‌গদহৈ ক'লো- বৰ ভাল গাইছা । দুই এদিন ৰেওয়াজ কৰিলে আৰু ভাল হ'ব। তাল লয়ত কিছু জড়তা আছে যদিও সকলো ঠিক হৈ যাব ৷ কথাতে কয় নহয়, গাওঁতে গাওঁতে গায়ন আৰু বজাওঁতে বজাওঁতে বায়ন। তুমি মোৰ সন্মান ৰাখিলা৷ তুমি যে ইমান ধুনীয়াকৈ গাব জানা মই বিশ্বাসেই কৰিবপৰা নাই ।

মোৰ প্ৰশংসাত অনিতাৰ মুখখন লাজত ৰঙা হৈ উছিল। তাই সেমেনা-সেমেনি কৰি ক'লে- কিনো ভাল গালো! আপুনি মিছাতেই মোৰ প্ৰশংসা কৰিছে!

আকাশে নাজানে তাৰ বিশালতা কিমান আৰু সাগৰে নাজানে তাৰ গভীৰতা কিমান ! এইবোৰ উপলব্ধি কৰে মানুহেহেগতিকে আপোনাৰ গীতৰ মূল্যায়ন আপুনি নিজে কৰিব নোৱাৰিলেও শ্রোতাই ইয়াৰ মূল্যায়ন নিশ্চয় কৰিব।

ইয়াৰ পাছত অনিতাই আৰু তিনিটা মান গীত গালে। সুৰ লয় তালৰ সমন্বয়ত অপূৰ্ব হ'ল গীতকেইটা। গীতবোৰ শুনিযে শ্রোতাই ভাল পাব উপস্থিত আটায়ে স্বীকাৰ কৰিলে।

                       তেৰ

অধিবেশনৰ দিন চমু চাপি আহিল ৷ আমাৰ প্ৰস্তুতি মোটা-মুটি সম্পন্ন হ'ল। কিন্তু লেঠা লাগিল মুখ্য অতিথিৰ আমন্ত্ৰণ লৈ ৷ নিখিল পাল স্কুল কমিটিৰ সভাপতি। তেওঁ ৰাজনীতিৰ লগত জড়িত মানুহ। সেয়ে তেওঁৰ মতে কোনো ৰাজনৈতিক ব্যক্তিকহে মুখ্য অতিথি হিচাপে আনিব লাগে। গৌৰাংগৰ মতে, যেহেতু স্কুলৰ অধিবেশন গতিকে শিক্ষাৰ লগত জড়িত কোনো ব্যক্তিকহে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাব লাগে।

নিখিল পালে যুক্তি দর্শালে- শিক্ষাৰ লগত জড়িত ব্যক্তি আনিলে কি লাভ হব! তেওঁলোকে কিতাপৰ পাতৰপৰা ভাল ভাল কথা ভাটৌৰ দৰে গাই যাব আৰু দুদিন পাছতে ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ পাহৰি যাব। কোনো এম এল এ, মন্ত্রী আনিলে তেওঁলোকে আমাৰ স্কুলৰ সমস্যা আদিৰ বিষয়ে অৱগত হৈ আমাক বিভিন্ন ধৰণে সহায় কৰিব। আমাৰ গাঁৱখনৰো বহু সমস্যা আছে সেই বিষয়েও তেওঁলোকক অৱগত কৰিবপৰা যাব?

পালৰ যুক্তি খণ্ডন কৰি গৌৰাংগই ক'লে- এম এল এ মন্ত্ৰীসকলে মুখত বহু কিবা-কিবি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সঁচা; কিন্তু কামৰ বেলিকা একো নাই। তদুপৰি ৰাজনৈতিক নেতাক মাতিলে তেওঁলোক বহু সময়ত নাহেও। যোৱাবাৰ দেখোন এম এল এ অহাৰ কথা আছিল, মূৰকত গৈ নাহিল দেখোন !

এইবাৰ এম এল এ অনাৰ দায়িত্ব মোৰ, যদি নাহে সকলো খৰচ মই বহন কৰিম। নিখিল পালে দৃঢ়তাৰে ক'লে।

গৌৰাংগই ব্যংগ কৰি ক'লে- নিৰ্বাচন ওচৰ চাপি আহিছেতো, এইবাৰ নিশ্চয় আহিব। আমাৰ ওপৰত খাই দলৰ গুণ গান বখানি নিজৰ কাম সিদ্ধি কৰি যাব। গতিকে অন্ততঃ এইবাৰ মই এম এল এ বা মন্ত্ৰী অনাৰ পক্ষপাতি নহওঁ ৷

এম এল এ বা মন্ত্রী নানিলে মই এইবোৰত নাই। নিখিল পালে নিজৰ অসুবিধাৰ কথা জনালে- মই মিনিষ্টাৰক কথা দিছোএতিয়া নানিলে তেওঁক মুখ দেখুৱাম কেনেকৈ?

গৌৰাংগই যুক্তি দৰ্শালে- সেয়া আপোনাৰ ব্যক্তিগত ব্যাপাৰ। আপুনি আমাৰ লগত আলোচনা নকৰাকৈ মিনিষ্টাৰক কথা দিছে কিয় ?

 এইদৰে তৰ্কই চূড়ান্ত ৰূপ ল'লে। শেষ মুহূৰ্তলৈকে উভয়ে নিজৰ মতত আকোঁৰগোজ হৈ থাকিল। কোনেও কাকো নেৰে। শেষত কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাকৈ সভা শেষ হ'ল৷

ঘৰলৈ অহাৰ বাটত মই গৌৰাংগক কলো- ৰাজনৈতিক নেতা আনিব খুজিছে আনিব দে। আনিলে নো কি লোকচান হ'ব !

তই সেইবোৰ নুবুজিবি। গৌৰাংগই খঙেৰে সৈতে কলে- সি আছে মুনাফা লুটাৰ ধান্দাত। এম এল এ আনি ভাৰ-ভেঁটি দি সন্তুষ্ট কৰিব পাৰিলে তাৰ ডাঙৰ ঠিকা পোৱাৰ বাট সুগম হ'ব। তদুপৰি ম‍ই যি ক'ম সি তাৰ ওলোটাটোহে কৰিব।

কথাটো মিছাও নহয়। ইয়ালৈ অহাৰ পাছৰ পৰা মই লক্ষ্য কৰিছো, নিখিল পাল আৰু গৌৰাংগৰ সাপ-নেউলৰ সম্পৰ্ক। সিহঁতৰ মাজত পূৰ্বৰে পৰা ৰেষা-ৰেষিৰ ভাব এটা চলি আছে। প্রমীলা বাইদেৱৰ ঘটনাটোৱে জ্বলা জুইত যেন ঘিউহে ঢালিছে। কোনেও কাকো সহ্য কৰিব নোৱাৰা হৈছে। মাথোন গৌৰাংগই নহয়, এই অঞ্চলৰ বেছিভাগ মানুহেই নিখিল পালক বেয়া পায়। প্ৰায়বোৰ মানুহৰে সি কিবা নহয় কিবা ক্ষতি কৰি থৈছে সি

মাথোন নিখিল পালেই নহয়, তাৰ দেউতাক মৃণাল পালৰ দিনৰপৰাই এই অঞ্চলৰ মানুহৰ লগত পাল পৰিয়ালৰ সম্পৰ্ক ভাল নহয়৷ সিহঁত পশ্চিম বংগৰ পৰা আহোঁতে আন দহজনৰ দৰে লোটা-ঘটিলৈয়ে আহিছিল। স্বাধীনতাৰ পাছত সত্তৰ দহকত চৰকাৰে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল। মৃণাল পাল কিছু শিক্ষিত আছিল। শিক্ষাৰ বলতে সি মণ্ডল কাননগোৰ লগত মিতিৰালি কৰি বহুতৰে মাটি নিজৰ নামত পট্টা কৰিছিল। এই বিষয়ে প্রথমাৱস্থাত কিছু প্রতিক্রিয়া হৈছিল যদিও দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে মূৰকত গৈ আটায়ে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল । কাৰণ মানুহ বিলাক আছিল অশিক্ষিত । অফিচ-আদালত আইন কানুন সম্পৰ্কে সিহঁতৰ মুঠেই জ্ঞান নাছিল । সেয়ে মৃণাল পালে খামখেয়ালী কৰিলেও সেয়া আটায়ে মানি ল'বলৈ বাধ্য হৈছিল । সি বহুতৰে মাটি নিজৰ দখলকৃত মাটি বুলি দেখুৱাই নিজৰ নামত পট্টা কৰি লৈছিল আৰু শেষত টকাৰ বিনিময়ত সেই মাটি এৰি দিছিল। বহুতৰে মাটি এৰিও দিয়া নাছিল। তেনেকৈয়ে সি টকাৰ পাহাৰ গঢ়ি তুলিছিল। দেউতাকৰ সেই টকাৰ বলতে নিখিল পাল বলীয়ান। ধন আছে যাৰ, মান আছে তাৰএই নীতিৰ আধাৰতে নিখিল পালে হাজাৰটা অন্যায় কাম কৰিলেও মানুহে সহ্য কৰি আছে। তদুপৰি সি কেবাজনো ডকাইত পুহি ৰাখিছে। কোনোবাই তাৰ বিৰুদ্ধে গলেই সি সেই ডকাইতবোৰ লেলিয়াই দিয়ে। যাৰ কাৰণে মানুহবোৰে তাৰ অন্যায় কামো মুখ বুজি সহ্য কৰিব লগীয়া হৈছে।

এইবোৰ কথা মনতে ভাবি মই ক'লো- মানুহজন মুঠেই ভাল নহয় । তাৰ বিৰুদ্ধে লাগিলে অধিবেশন হোৱাৰ সম্ভাৱনা খুবেই কম । ইফালে কিমান কষ্ট কৰি ল'ৰা-ছোৱালী সাজু কৰি তুলিছো। এতিয়া অধিবেশন নহ'লে সিহঁতে কথাটো মানি ল'বলৈ টান পাব। শেষত গৈ নিখিল পালৰ পক্ষ অৱলম্বন কৰিব। গতিকে ব্যক্তিগত স্বাৰ্থৰ কাৰণে উমৈহতীয়া স্বার্থ ব্যাহত কৰা জানো উচিত হ?

গৌৰাংগই কিবা কোৱাৰ আগতেই পিছফালৰ পৰা কোনোবাই কৈ উঠিল- দাদাই মত দিলেও মই কিন্তু মত নিদিও। যদি নিখিল পালৰ জেদেই ৰজে তেনেহ'লে মই পেণ্ডেলত জুই লগাই দিম ।

পিছফালে ঘূৰি চাই দেখিলো বিদ্যুৎ। সি আমাৰ পিছে পিছে আহি থকাৰ কথা আমি লক্ষ্য কৰা নাছিলো। নিখিল পালহঁতৰ পৰিয়ালৰ লগত গৌৰাংগৰ দৰেই বিদ্যুতৰ সাপ-নেউলৰ সম্পৰ্ক। ইয়াৰ লগত সাঙোৰ খাই আছে এক বেদনাদায়ক ইতিহাস।

বিদ্যুতৰ দৈউতাক চৈতন্য চৌধুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। সহজ-সৰল মানুহ। কোনো ধৰণৰ কূটিলতা নাই মনত । গাঁৱখনৰ প্ৰতেকৰে শ্ৰদ্ধাৰ চৌধুৰী ছাৰ'চাৰিটা প্ৰাণীৰ এটি সুখী পৰিয়াল ।

তগৰ বিদ্যুতৰ বায়েক। বিদ্যুততকৈ পাঁচ বছৰৰ ডাঙৰ। ওচৰে-পাঁজৰে হাইস্কুল নথকাত এম, ই পাছ কৰাৰ পাছত তাই ঘৰতে বহি আছিল। সময় কিন্তু বহি থকা নাছিল। সময়ে তাইৰ অংগে অংগে সিঁচি দিছিল যৌৱনৰ মাদকতা। কিশোৰীৰ পৰা তাই এদিন গাভৰু হ'ল ।

বিনোদৰ চকু পৰিল তগৰৰ ওপৰত । বিনোদ তেতিয়া চফল ডেকা। এম ই পাছ কৰাৰ পাছতে সি কুসংগত পৰি মদ গাঁজা ভাঙত অভ্যস্ত হৈ পৰিছিল ।

জালাল অঞ্চলটোৰ কুখ্যাত ডকাইত। কেবাটাও নৰহত্যাৰ লগত জড়িত। কেবাবাৰো জেলো খাটি আহিছে। জালালৰ বাবে নৰহত্যা ভাতৰ লগত পানী খোৱাৰ লেখীয়া কাম আছিল। ফলত নিখিল পালৰ নিচিনা মানুহেও তাক সমীহ কৰি চলিছিল। এটা সময়ত জালালৰ লগত বিনোদৰ সুসম্পৰ্ক গঢ় লৈ উঠিল । ফলত চুৰি ডকাইতিৰপৰা আৰম্ভ কৰি সি নানা অসামাজিক কামৰ লগত জড়িত হৈ পৰিল ৷

বিনোদে এদিন তগৰক বাটত লগ পাই বেয়া প্ৰস্তাৱ দিলে। তগৰৰ তেতিয়া ভাল-বেয়া বুজিবপৰা বয়স হৈছে। বিনোদৰ স্বভাৱ-চৰিত্ৰৰ কথাও তাই জানে। বিনোদে কৰিব নোৱাৰা তেনে কোনো কামেই নাই। সেয়ে তাই কথাটো নুশুনাৰ ভাও জুৰি তাৰ পৰা মনে মনে গুচি আহিল। লোকনিন্দাৰ ভয়ত তাই কথাটো কাকো নজনালে ।

ইফালে মৌনতাই সন্মতিৰ লক্ষণ বুলি ভাবি বিনোদ উৎসাহিত হৈ উঠিল। সময়-সুযোগ পালেই সি তগৰক বেয়া প্ৰস্তাৱেৰে থকা-সৰকা কৰিবলৈ ধৰিলে। শেষত অতীষ্ঠ হৈ তাই এদিন কথাটো মাকক জনালে। মাকে জনালে দেউতাকক ।

বিনোদ, চৈতন্য চৌধুৰীৰ ছাত্ৰ। সেয়ে বিশেষ হৈ-চৈ নকৰি তেওঁ এদিন বিনোদক লগ পাই মৃদু ভৎসনা কৰিলে। কোনো ধৰণৰ প্ৰতিবাদ নকৰি বিনোদ সিদিনা মনে মনে তাৰ পৰা গুচি গ'ল।

কিন্তু বিনোদ শেনৰ এজাত ৷ গুৰু-গোসাঁই নমনা মানুহ। কুসংগত পৰি সি ভাল-বেয়া হিতাহিত জ্ঞান ইতিমধ্যেই হেৰুৱাই পেলাইছিল। মৃদু ভৎসনাকো সি সহজভাবে ল'ব নোৱাৰিলে। অপমানৰ পোটক তুলিবলৈ সি এৰাতি তাৰ দলবল লৈ তগৰক বলপূৰ্বক উঠাই আনিবলৈ গল। বাধা দিবলৈ গৈ চৈতন্য চৌধুৰী নিহত হ'ল আৰু বিনোদহঁতে তগৰক বলপূর্বক ধৰি লৈ গ'ল । বৰ্তমানলৈকে তগৰ নিৰুদ্দেশ হৈ আছে। হয়তো বিনোদহঁতে লালসা চৰিতাৰ্থ কৰাৰ পাছত তাইক হত্যা কৰিছে অথবা লোকলজ্জাৰপৰা হাত সাৰিবলৈ তাই ক'ৰবাত আত্মগোপন কৰি আছে। কাৰণ তাই জীৱিত নে মৃত এই বিষয়ে কোনো তথ্যই এতিয়ালৈকে কোনেও লাভ কৰিবলৈ সক্ষম হোৱা নাই। এয়া প্ৰায় দহ বছৰ আগৰ ঘটনা । তেতিয়া বহু অনুসন্ধান কৰিও আৰক্ষীয়ে তাইৰ লাচৰ সন্ধান উলিয়াব পৰা নাছিল । হত্যা কৰিলে ক'ৰবাত নহয় ক'ৰবাত তাইৰ মৃতদেহৰ সন্ধান পোৱা গ'লহেঁতেন বুলি সকলোৱে বিশ্বাস কৰে। সেয়ে বহুতেই তাই এতিয়ালৈকে জীৱিত আছে বুলি ধাৰণা কৰে। কিন্তু বিদ্যুতে এই কথা বিশ্বাস নকৰে। তাৰ মতে তাইক হত্যা কৰি ব্ৰহ্মপুত্ৰনদত উটুৱাই দিছে, নহ'লে ক'ৰবাত পুতি থৈছে।

পাছদিনা আৰক্ষী আহিলতদন্ত চলিল ৷ এজাহাৰ অনুসৰি দলবল সহ বিনোদক গ্রেপ্তাৰো কৰিলে । কিন্তু নিখিল পালে ভায়েকৰ পক্ষ লৈ আৰক্ষীক ভাৰ-ভেটি দি নিজৰ ফলীয়া কৰি ল'লে। ভেটি খাই আৰক্ষীয়ে নামমাত্র তদন্ত কৰি চার্জশ্বিট দাখিল কৰিলে আৰু তগৰৰ লাচ নোপোৱাৰ অজুহাতত তাই আত্মগোপন কৰি থাকিব পাৰে বুলি উল্লেখ কৰি চার্জশিট দাখিল কৰিলে।

উপযুক্ত সাক্ষী আৰু দুৰ্বল চার্জশ্বিটৰ বাবে সাত বছৰ কেচ চলাৰ পাছত বিনোদে দলবল সহ মুক্তি পালে। ফলত আৰক্ষীৰ অনুগ্ৰহত বিনোদ আগৰ বিনোদে হৈ আছে ৷ বৰ্তমান ঘৰৰ লগত তাৰ সম্পর্ক প্রায় নাই বুলিয়ে ক'ব পাৰি। টকাৰ দৰ্কাৰ হ'লেহে সি ঘৰলৈ আহে আৰু ডাবি-ধমকি দি নিখিল পালৰ পৰা টকা সৰকাই গুচি যায়।

বিনোদে বিয়া-বাৰুও কৰাইছিল। এটা ল'ৰা আৰু এজনী ছোৱালীও আছে তাৰ। কিন্তু ল'ৰা-তিৰোতাৰ লগত তাৰ বৰ্তমান মুঠেই সম্পর্ক নাই। সি বৰ্তমান মান্দিয়াত ঘৰভাড়া কৰি থাকে আৰু মদ-গাঁজা-ভাং খাই পৰি থাকে। নিখিল পালেই তাৰ ল'ৰা-তিৰোতা পোহপাল দি আছে। সুযোগ পালে সি হেনো এতিয়াও চুৰি-ডকাইতি কৰে ।

বিদ্যুৎ তেতিয়া নৱম মানৰ ছাত্ৰ। সদৰত থাকি অধ্যয়ন কৰি আছিল। সেয়ে ঘটনাৰ দিনা সি ঘৰত নাছিল। ঘটনাৰ পাছদিনা সি ঘৰলৈ আহি দেখিলে সকলো শেষদেউতাকৰ নিথৰ দেহ চোতালত আৰু মাক কান্দি-কাটি অজ্ঞান হৈ বাৰাত পৰি আছে৷ দেউতাকৰ অন্তেষ্টিক্রিয়া সমাপন কৰি সি প্রতিজ্ঞা কৰি থৈছে, যে এদিন সি দেউতাক আৰু বায়েকৰ হত্যাৰ প্ৰতিশোধ ল'ব।

মেট্ৰিক পাছ কৰাৰ পাছত বিদ্যুত আই, এত ভৰ্ত্তি হৈছিল। কিন্তু আই, এ পৰীক্ষা দিয়াৰ পাছত তাৰ মাক ঢুকাল । ফলত তাৰ আৰু লেখা- পঢ়া শিকা নহ'ল। আৰম্ভ হ'ল তাৰ বল্গাহীন জীৱন। সি মার্ক্সবাদত বিশ্বাসী। বর্তমান চিপিআই (এম)ৰ জিলা পৰ্যায়ৰ কেডাৰ। য'ত মানুহৰ বিপদ, তেই বিপ্লৱ। সি এটা ক্লাৱ স্থাপন কৰি গাঁৱৰ ল'ৰা-ছোৱালীক তাৰ সদস্য কৰি লৈছে। ক্লাৱৰ জৰিয়তে সি এই অঞ্চলত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে। তাৰ নিঃস্বার্থ কামৰ বাবে সি বর্তমান অঞ্চলটোৰ সকলোৰে প্রিয়পাত্র। ডাঙৰৰ বাবে সি মৰমৰ বিদ্যুত আৰু সৰুৰ বাবে শ্ৰদ্ধাৰ বিদ্যুত দা। নিখিল পালৰ দৰে মানুহেও তাক সমীহ কৰি চলে

গৌৰাংগই নিৰ্বিকাৰভাবে কলে- তোৰ যি ইচ্ছা তাকে কৰ, ম‍ই কোনো হকা-বধা কৰিবলৈ নাযাও। প্রয়োজন হ'লে এইবাৰ অধিবেশনে স্থগিত ৰাখিম ।

অধিবেশন স্থগিত ৰাখিব নালাগে। বিদ্যালয়খন স্থাপন হোৱাৰে পৰা অধিবেশন অনুষ্ঠিত কৰি অহা হৈছে, এইবাৰ অনুষ্ঠিত নকৰিলে ৰাইজে বেয়া পাব। কাৰণ ইয়াৰ বাবে ৰাইজ বছৰটোলৈ অপেক্ষা কৰি থাকে। ইফালে ছাত্ৰ-ছাত্ৰীসকলেও বহু কষ্ট কৰি প্ৰস্তুত হৈছে। গতিকে অনুষ্টুপীয়া কৰি হ'লেও অধিবেশনখন পাতিব লাগিব। লাগিলে বাহিৰৰপৰা কোনো অতিথি আমন্ত্ৰণ কৰা নহয়, আমাৰ স্থানীয় মানুহখিনিৰেই কাম চলাই নিম।

বাৰু, তহঁতৰ মতেই কৰ। গৌৰাংগই কলে- মই কিন্তু ইয়াৰ আগে-পাছে নাথাকো।

আপুনি থাকিব লাগিববিদ্যুতে কলে-আপুনি নাথাকিলেও ৰাইজে বেয়া পাব । আমি আমাৰ ক্লাৱৰ তৰফৰ পৰা আগভাগ লৈ অধিবেশনটো সম্পন্ন কৰিম।

কিন্তু নিখিল পালে যদি বিধি-পথালি দিয়ে! গৌৰাংগই সংশয় প্রকাশ কৰি ক'লে- অধিবেশনৰ দিনা গুণ্ডা লগাই গণ্ডগোলো কৰিব পাৰে ৷ তাৰ বাবে যি ব্যৱস্থা ল'ব লাগে, আমি লম। প্রয়োজন হ'লে প্ৰশাসনৰ পৰা পাৰ্মিচন লৈ আৰক্ষী পহৰাৰ ব্যৱস্থা কৰিম।

বাৰু, তহঁতে যি ভাল বুলি ভাবিছ তাকে কৰ। গৌৰাংগই ক'লে- তহঁতৰ ওপৰত ভৰসা কৰিয়ে এইবাৰ অধিবেশন অনুষ্ঠিত কৰিম ৷ নহ'লে এইবাৰ অধিবেশনে স্থগিত ৰাখিলোহেঁতেন।

এইদৰে সিদ্ধান্ত লৈ আটায়ে ঘৰা-ঘৰি গ'ল।

 

                          চৈধ্য

বিদ্যুতে আৰক্ষীৰ ব্যৱস্থা কৰিব লগা নহ'ল। কাৰণ পাছদিনাই এটি ঘটনা ঘটি গ'ল। যাৰ ফলত নিখিল পালে গৌৰাংগৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ

ঘটনাটো ঘটিছিল মথাউৰিৰ কাষত থকা খালবোৰত মাছ ধৰালৈ। মথাউৰিখন বন্ধাৰ সময়ত মাটি খন্দাৰ ফলত মথাউৰিৰ দুয়োকাষে খাল সৃষ্টি হৈছিল। খালবোৰ বছৰৰ প্ৰায় বামাহেই পানীৰে উপচি থাকে। ফলত তাত প্ৰচুৰ পৰিমাণে মাছ থাকে । আগতে অঞ্চলৰ মানুহে তাৰপৰা মাছ ধৰি খাইছিল। অপেক্ষাকৃত দুখীয়া জালোৱাসকলে তাত মাছ ধৰি পৰিয়াল পোহপাল দিছিল। এই প্ৰক্ৰিয়া মথাউৰি বন্ধাৰ পাছৰেপৰা চলি আছিল। কিন্তু নিখিল পালহঁতে কিছু বছৰ আগৰপৰা তাত সাধাৰণ মানুহৰ মাছ ধৰা বন্ধ কৰি দিছে।

এই মাছ ধৰা বন্ধৰ আঁৰত এক কাহিনী আছে-

বাঘবৰৰ পাহাৰৰ পাদদেশত চিলুচি বিল আৰু চিলুচি বিলৰপৰা কিছু নিলগত এলেঙি নামৰ আন এখন বিল। বিল দুটা মাছৰ বাবে বিখ্যাত ৷ চৰকাৰে এই বিল দুটা বছৰেকীয়া ভিত্তিত মহলদাৰক আৱণ্টন দিয়ে । আগতে বৰপেটীয়া মহাজনসকলে বিলবোৰ আৱণ্টন লৈছিল আৰু বিহাৰৰপৰা জালোৱা আনি মাছ ধৰিছিল। মাছ ধৰা শেষ হ'লে বিহাৰী জলোৱাসকল গুচি গৈছিল আৰু স্থানীয় মানুহে তাত মাছ ধৰি খাইছিল । কাৰণ বিহাৰী জালোৱাসকলে মাছ ধৰাৰ পাছতো বিলত বহু মাছ ৰৈ গৈছিল ৷

বাঘবৰ পাহাৰৰপৰা তিনি কিলোমিটাৰ আঁতৰত পালাৰপাম গাঁওআগতেই কোৱা হৈছে গাঁৱখন কৈৱৰ্ত সম্প্ৰদায়ৰ লোকৰ বসতি প্রধান।

পালাৰপামত পলান ৰাজবংশী নামৰ এজন সচেতন জালোৱা আছিল । সি কিছু লেখা-পঢ়াও জানিছিল আৰু বৰপেটীয়া মহলদাৰৰ তাত হিচাপ ৰক্ষকৰ কাম কৰিছিল। সি লক্ষ্য কৰিছিল, মাছ ধৰাৰ পাছতো বিলত বহু মাছ ৰৈ যায়। সেই ৰৈ থকা মাছ ধৰি বিক্ৰী কৰিব পাৰিলে লাভবান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে সি এবাৰ বৰপেটীয়া মহলদাৰৰ মাছ ধৰা শেষ হোৱাৰ পাছত লামছামকিছু টকা দি ৰৈ থকা মাছ ধৰাৰ কাৰণে মহলদাৰৰপৰা অনুমতি লোৱাৰ কথা ভাবিলে। এই বিষয়ে সি মহলদাৰক জনোৱাত ৰাইজৰপৰা আপত্তি আহিব পাৰে বুলি মহলদাৰে প্ৰথমাৱস্থাত আপত্তি কৰিলে- নাই নাই, এয়া সম্ভৱ নহয়৷ কাৰণ আমি মাছ ধৰাৰ পাছতো বিলত বহু মাছ ৰৈ থকা কথাটো আমি নজনা নহয় ৷ আচলতে আমি জানি-বুজিয়ে কিছু মাছ থাকোঁতে বিলত মাছ ধৰা বন্ধ কৰো। যাতে স্থানীয় মানুহে সেই মাছ ধৰি খাব পাৰে ৷এনেস্থলত তোমাক বিল আৱণ্টন দিলে স্থানীয় মানুহে আপত্তি কৰিব পাৰে। গতিকে সম্ভৱ নহ'ব। তদুপৰি ৰাইজৰ লগত ম‍ই বেইমানী কৰিব নোৱাৰিম। ৰাইজৰ হকমাৰি খালে ভগবানেও সহ্য নকৰিব।

পলান ৰাজবংশীয়ে কলে- একো নহয়, মহাজন বাবু। সকলো আগৰ দৰেই চলি থাকিব। আমি ৰাইজক মাছ ধৰাত কোনো ধৰণৰ বাধাৰোপ নকৰো ৷ ৰাইজেনো কেইটা মাছ ধৰি খাব ! লাগিলে আমি নিজেই মাছ ধৰি সপ্তাহত এদিন বিলৰ কাষৰ মানুহবিলাকক বিলাই দিম । প্রয়োজন হ'লে মই লিখিত প্রতিশ্রুতি দিবলৈও প্ৰস্তুত আছো।

এইদৰে আশ্বাস দিয়াৰ পাছত মহলদাৰে ৰৈ থকা মাছ ধৰাৰ কাৰণে পলান ৰাজবংশীক লিখিত অনুমতি দিলে। বিল পট্টন লৈ মাছ ধৰি সেই মাছ বিক্ৰী কৰি প্ৰথম বছৰত পলান ৰাজবংশী আশাতীত ধৰণে লাভবান হ'ল। মহলদাৰক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সি ৰাইজক মাছ ধৰাত বাধাৰোপো নকৰিলে। ফলত ৰাইজৰ ফালৰপৰাও কোনো ধৰণৰ আপত্তি নুঠিল। এইদৰে দুই তিনি বছৰমান মাছ ধৰাৰ পাছত সি আৰ্থিকভাবে কিছু স্বাৱলম্বী হৈ উঠিল আৰু স্থানীয় জালোৱাসকলৰ সহযোগত এটি ছোচাইটি পঞ্জীয়ন কৰিলে।

নিখিল পাল ছাই দেখিলেও উৰুৱাই দেখা বিধৰ মানুহ। সি দেখিলে, ছোচাইটিৰ জৰিয়তে নিজাববীয়াকৈ বিল পট্টন ল'ব পাৰিলে প্ৰচুৰ লাভৰ সম্ভাৱনা আছে। এই বিষয়ে সি পলান ৰাজবংশীক জনোৱাত সি বিনাদ্বিধাই সন্মতি জনালে । কাৰণ সি আগতেই এই বিষয়ে ভাবিছিল; কিন্তু টকা নথকাৰ কাৰণে আগবাঢ়িবলৈ সাহস গোটাবপৰা নাছিল। কাৰণ বিলৰ পট্টন পাবলৈ হ'লে বহু টকাৰ প্ৰয়োজন হ', লগতে বৰপেটীয়া মহাজনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি বিলৰ পট্টন পাব লাগিব। গতিকে জনবলৰো প্ৰয়োজন হ'ব। সেয়ে সি পৰামৰ্শ আগবঢ়ালে- মাথোন টকা থাকিলেই নহ'ব। বৰ্তমান বিলবোৰ বৰপেটীয়া মহাজনে পট্টন লৈ আছে। গতিকে ধনবলৰ লগতে আমাৰ জনবলৰো প্ৰয়োজন হ'ব। সেয়ে বিল পট্টন ল'বলৈ হ'লে আমি এই অঞ্চলৰ কিছু ক্ষমতাশালী লোকক আমাৰ লগত ৰখাটো উচিত হ'ব।

পলান ৰাজবংশীৰ পৰামৰ্শ মতেই নিখিল পালে হজৰত গাঁওবুঢ়া, মতিন মাষ্টৰকে আদি কৰি কেইজনমান মুছলমান মানুহকো লগত ল'লে আৰু প্ৰথম বছৰতে সিহঁতে ছোচাইটিৰ নামত বিলৰ পট্টন ল'বলৈ সক্ষম হ'ল।

প্ৰথম বছৰতে সিহঁত আশাতীত ধৰণে লাভবান হ'ল। পাছৰ বছৰতো সিহঁতে মহল পাবলৈ সক্ষম হ'ল। দ্বিতীয় বছৰ সিহঁতৰ চকু গ'ল মথাউৰিৰ খালবোৰৰ ওপৰত। কাৰণ খালবোৰত প্ৰচুৰ পৰিমাণে মাছ থাকে আৰু সেইবোৰ মাছ মানুহে নিজৰ খেয়াল-খুচি মতে ধৰি খায় ৷ ছোচাইটিৰ বাহিৰত থকা বহু জালোৱা মানুহেও তাৰপৰা মাছ ধৰি পৰিয়াল পোহপাল দিয়ে। গতিকে খালবোৰ ছোচাইটিৰ দখললৈ আনিব পাৰিলে মোটা অংকৰ ধন পোৱা যাব । সেয়ে নিখিল পালে খালবোৰ ছোচাইটিৰ দখললৈ অনাৰ কৰাণে ছোচাইটৰ সম্পাদক পলান ৰাজবংশীক পৰামৰ্শ দিলে।

কিন্তু পলান ৰাজবংশীয়ে পোনছাতেই নিখিল পালৰ প্ৰস্তাৱ নাকচ কৰিলে- মথাউৰিৰ খাল আমাৰ মহলৰ ভিতৰত পৰিলেও এইবোৰ খাল আমাৰ ছোচাইটিৰ দখললৈ অনাৰ মই পক্ষপাতি নহওঁ। কাৰণ খালবোৰত আমাৰ এই অঞ্চলৰ মানুহেই মাছ ধৰি খায়। কিছু সংখ্যক দুখীয়া জালোৱাই ইয়াৰপৰা মাছ ধৰি পৰিয়ালো পোহপাল দিয়ে। তদুপৰি বৰপেটীয়া মহাজনেও খালবোৰ দখল কৰা নাছিল। গতিকে আমিও নকৰো। যেনেকৈ চলি আছে তেনেকৈয়ে চলি থাকক।

কিন্তু নিখিল পালে ইয়াৰ বিৰোধিতা কৰি ক'লে- খালবোৰ আমাৰ মহলৰ এক্তিয়াৰত পৰে যেতিয়া আমি কিয় এই সুযোগ এৰি দিমকোনো কোনো বছৰ খালবোৰত শিলুচি বিলতকৈও বেছি মাছ থাকে। গতিকে খালবোৰ আমাৰ দখল লৈ ননাটো মূৰ্খামীহে হ'ব।

এইদৰে নিখিল পাল আৰু পলান ৰাজবংশীৰ মাজত যুক্তিতর্ক চলিল । হজৰত গাঁওবুঢ়া আৰু মতিন মাষ্টৰেও নিখিল পালক সমৰ্থন কৰি এই বিষয়ে পলানক বুজালে; কিন্তু পলান ৰাজবংশী কোনোমতেই খালবোৰ ছোচাইটিৰ দখললৈ আনিবলৈ সন্মত নহ'ল ।

পলান ৰাজবংশী ছোচাইটিৰ সম্পাদক। সম্পাদকৰ মত নাথাকিলে অর্থাৎ সৰিয়হৰ ডুলিতে যদি ভূত থাকে খালবোৰ দখললৈ অনাটো সম্ভৱ নহ'ব। সেয়ে নিখিল পালে পলানক ছোচাইটিৰ সম্পাদক পদৰপৰা বহিষ্কাৰ কৰাৰ কথা ভাবিলে। ভবামতেই সি হজৰত গাঁওবুঢ়া, মতিন মাষ্টৰকে আদি কৰি ছোচাইটিৰ আন তিনিজনমান সদস্যৰ লগত আলোচনা কৰি ছোচাইটৰ হিচাপত খেলি-মেলি কৰা বুলি অভিযোগ তুলি পলানক ছোচাইটিৰ সম্পাদক পদৰপৰা বহিষ্কাৰ কৰিলে । পলানক সম্পাদক পদৰপৰা বহিষ্কাৰ কৰাৰ পাছত নিখিল পালহঁতে মথাউৰিৰ খালবোৰ নিজৰ দখললৈ নিলে আৰু খাল পহৰা দিয়াৰ কাৰণে কিছুমান উদণ্ড পহৰাদাৰ নিয়োজিত কৰিলে।

তেতিয়াৰপৰা মথাউৰিৰ খালত মাছ ধৰিলেই পহৰাদাৰবোৰে ধৰি নানা ধৰণে হাৰাশাস্তি কৰে। বহুতৰ জাল লৈ যায়। বহুতক খেয়াল- খুচি মতে জৰিমনা বিহে। এনেকি কেতিয়াবা কাণত ধৰি উঠা-বহাও কৰিবলৈ দিয়ে। দুই এজনক ধৰি নিখিল পালৰ ওচৰলৈও লৈ যায়। নিখিল পালৰ ওচৰলৈ নিলে মাৰপিট পর্যন্ত কৰে। তথাপিও বহুতে লুকাই চুৰকৈ মাছ ধৰে- কিছুমানে লোভত আৰু কিছুমানে প্রয়োজনত ৷ এই প্রক্রিয়া নিখিল পালহঁতে চিলুচি বিল পট্টন লোৱাৰপৰা অব্যাহত আছে।

দুদিনমান আগতে টেনু ৰাজবংশীয়ে মথাউৰিৰ খালত মাছ ধৰিবলৈ গৈছিল। টেনু খুবেই দুখীয়া মানুহ। মাছ ধৰাই তাৰ ব্যৱসায়। মাটি- বাৰী নাই। গৰাখহনীয়াত সৰ্বস্বান্ত হৈ সি এতিয়া মথাউৰিত জুপুৰি সাজি কোনোমতে পৰিয়াল লৈ কালাতিপাত কৰি আছে। সি স্বাভাৱিকতে নদীতে মাছ ধৰে । সিদিনা ব্ৰহ্মপুত্ৰত প্ৰবল গৰাখহনীয়াৰ তাণ্ডৱ চলি আছিল । সেয়ে সি নদীত মাছ ধৰিবলৈ সক্ষম হোৱা নাছিল ৷ ইফালে মাছ নধৰিলেও নহয় ! কাৰণ মাছ নধৰিলে পৰিয়াল লৈ লঘোন দিব লাগিবসেয়ে সি নিৰুপায় হৈ মথাউৰিৰ খালত মাছ ধৰিবলৈ গৈছিল আৰু নিখিল পালৰ পহৰাদাৰবোৰে দেখা পাই তাক ধৰি নি নিখিল পালৰ সন্মুখত হাজিৰ কৰিছিল। কাৰণ ইয়াৰ আগতো সি কেবাবাৰো ধৰা পৰিছিল। গতিকে কিছু গুৰু শাস্তি প্ৰদানৰ কাৰণে তাক নিখিল পালৰ ওচৰত হাজিৰ কৰা হৈছিল।

নিখিল পালে টেনু ৰাজবংশীক বেয়া ধৰণে মাৰধৰ কৰিছে। নিখিল পালৰ এই কাৰ্যৰ বিৰোধিতা কৰি টেনুৰ চিকিৎসা আৰু ক্ষতি পূৰণৰ দাবীত বিদ্যুতৰ নেতৃত্বত ক্লাৱৰ সদস্যসকলে নিখিল পালৰ ঘৰ ঘেৰাও কৰি নিখিল পালক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছে।

খবৰ পাই গৌৰাংগ বিচলিত হৈ উঠিল ৷ কাৰণ ঘটনা থানালৈকো যাব পাৰে বুলি সি আশংকা কৰিলে। থানালৈ গ'লে তিলটোৱে তালটো হৈ পৰিব। নিখিল পাল যিহে মানুহ! ক্লাৱৰ সদস্যসকলক ধৰি চালানো দিব পাৰে। সেয়ে ঘটনাটো যাতে আৰু আগবাঢ়িব নোৱাৰে তাৰবাবে গৌৰাংগই নিজে উপযাচি গৈ বিদ্যুত আৰু নিখিল পালৰ লগত আলোচনা কৰি টেনুৰ চিকিৎসা বাবদ নিখিল পালৰপৰা পাঁচশ টকা আদায় কৰি ঘটনাটো সিমানতে সামৰণি মাৰিলে।

ক্লাৱৰ সদস্যসকলে ঘৰ ঘেৰাও কৰাত নিখিল পাল খুবেই অস্বস্তিত পৰিছিল। মান সন্মানৰ কথা। ক্লাৱৰ কেইজনমান সদস্য একাচেকা বিধৰ । আৰক্ষীলৈ খবৰ পঠিওৱাৰ আগতে সিহঁতে মাৰধৰো কৰিব পাৰে! যদি তেনেকুৱা কিবা এটা হৈ যায়, তেনেহ'লে সি লোকৰ আগত মুখ দেখুৱাব কেনেকৈ? এইদৰে মনতে ভাবি নিখিল পাল খুবেই অস্বস্তিত পৰিছিল। সেয়ে গৌৰাংগই আগবাঢ়ি গৈ ঘটনটো মীমাংসা কৰি দিয়াত নিখিল পালে খুবেই ভাল পালে। সেয়ে কৃতজ্ঞতা স্বৰূপ নিখিল পালে সিদিনা মিটিঙত হোৱা বাদানুবাদৰ বিষয়ে ক্ষমা খুজি গৌৰাংগক তাৰ ইচ্ছানুসৰি অতিথি মাতিবলৈ আহ্বান জনালে। গৌৰাংগই সিদিনাই শিক্ষকসকলৰ লগত আলোচনা কৰি শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক আমন্ত্রণ জনাবলৈ সিদ্ধান্ত ল'লে।

নিৰ্দ্ধাৰিত সময়ত অধিবেশনখন সম্পন্ন হ'ল। গৌৰাংগই সভাপতি হিচাপে সভাখন পৰিচালনা কৰিলে। নিখিল পালেও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়ালে। ছাত্ৰ-ছাত্ৰীৰ গীতত সন্তুষ্ট হৈ সি পুৰস্কাৰো দিলে । সকলো ঠিকে-ঠাকেই চলি আছিল; কিন্তু শেষ মুহূৰ্তত সভাপতিৰ ভাষণৰ সময়ত গৌৰাংগই কলে- শ্রদ্ধাস্পদ ৰাইজ, আপোনালোকে মৰম কৰি মোক এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। কিন্তু মই ব্যক্তিগত অসুবিধাৰ কাৰণে এই দায়িত্বভাৰ চম্ভালিব নোৱাৰিম। গতিকে কাইলৈ মই ইস্তফাপত্র দাখিল কৰিম ৷

গৌৰাংগৰ এই ঘোষণাৰ লগে লগে সভাস্থলীত মৃদু গুঞ্জন উঠিল। ইজনে-সিজনৰ মুখলৈ চোৱা-চুই কৰিবলৈ ধৰিলে। কোনেও যেন কথাটো সহজভাবে লবপৰা নাই। কিন্তু মুখ ফুটাই কোনেও একো কোৱাও নাই।

মই থিৰেৰে ৰৈ থাকিব নোৱাৰিলো। বহাৰ পৰা থিয় হৈ ক'লোঁ- গৌৰাংগই মোক এইখন বিদ্যালয়লৈ আনিছিল। গতিকে সিয়ে যদি নাথাকে, তেনেহ'লে মই এইখন বিদ্যালয়ৰ শিক্ষক হৈ থাকিম কেনেকৈ? ময়ো কাইলৈ গৌৰাংগৰ লগতে ইস্তফা দিম ।

গৌৰাংগই দৃঢ়ভাবে কলে- তই আছ কাৰণেই মই এই সিদ্ধান্ত ল'বলৈ সাহস গোটাব পাৰিছো। কাৰণ মোৰ অবিহনে বিদ্যালয়খন তই চম্ভালিব পাৰিবি বুলি মোৰ দৃঢ় বিশ্বাস আছে।

নিখিল পাল চতুৰ মানুহ । অধিৱেশনৰ অতিথি আমন্ত্ৰণক লৈ হোৱা মতানৈক্যও এই ইস্তফাৰ কাৰণ হ'ব পৰে বুলি সি ভাবিলে। সেয়ে সি দায়-দোষৰ ভাগী হ'ব নুখুজিলে। সি বহাৰ পৰা উঠি ক'লে- গৌৰাংগ বিদ্যালয়খনৰ তৃতীয় গৰাকী প্ৰধান শিক্ষকইয়াৰ আগতে আমি দুগৰাকী শিক্ষকক প্ৰধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলো । আমাৰ ইয়াত স্নাতক নথকাৰ কাৰণে তেওঁলোকক বাহিৰৰপৰা আনিব লগা হৈছিল। তেওঁলোক চৰকাৰী চাকৰি পাই গুচি গৈছে। গৌৰাংগ আমাৰ স্থানীয় যুৱক। গতিকে সি স্নাতক হোৱাৰ পাছত এই অঞ্চলৰ সমগ্ৰ ৰাইজৰ সমৰ্থনত তাক প্রধান শিক্ষকৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। সি প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰাত আমি এই অঞ্চলৰ সমগ্ৰ ৰাইজ তাৰ ওচৰত কৃতজ্ঞ। অধিৱেশনৰ আগত অতিথি আমন্ত্ৰণক লৈ প্ৰধান শিক্ষকৰ লগত মোৰ মতানৈক্য হৈছিল। সেই মতানৈক্যৰ কাৰণেই যদি গৌৰাংগই এই সিদ্ধান্ত ল'ব খুজিছে, তেনেহ'লে লাগিলে ময়ে সভাপতি পদৰপৰা ইস্তফা দিম, তথাপি সি ইস্তফা দিব নালাগে।

গৌৰাংগই লগে লগে প্ৰতিবাদ কৰি উঠিল- সভাপতিয়ে ভবা ধৰণে নহয়। একেলগে থাকিলে ককায়েক-ভায়েকৰ মাজতো মতানৈক্য হয়। সভাপতিৰ লগত মোৰ যি মতানৈক্য হৈছিল, সেয়া এক সাধাৰণ ঘটনা। তদুপৰি সভাপতিয়ে এই বিষয়ে মোৰ আগত ভুল স্বীকাৰ কৰিছেই। সেয়ে সভাপতিয়ে কোৱা ধৰণে তাৰ লগত হোৱা মত্যনৈক্যৰ কাৰণে মই প্ৰধান শিক্ষকৰ দায়িত্বভাৰ ত্যাগ কৰিব বিচৰা নাই । আচলতে মই ওকালতি পঢ়িব খুজিছো । এয়া মোৰ বহুদিনৰ হাবিয়াস । আমাৰ এই অঞ্চলত এজনো উকিল নাই। মই সেই অভাৱ পূৰণ কৰিব খুজিছো ৷ আশা কৰো, ৰাইজে মোৰ অসুবিধাৰ কথা বুজি পাব ।

গৌৰাংগৰ কথাই ফল দিলে। উকালতি পঢ়াৰ কথা শুনি বহুতে সন্মতিও দিলে।

নিখিল মজুমদাৰে ক'লে- বৰ ভাল কথা হব! ময়ো কথাটো সমৰ্থন কৰো। ৰাইজ, গৌৰাংগই যদি ওকালতি পঢ়াৰ কাৰণে ইস্তফা দিব খুজিছে, তেনেহ'লে ইয়াত আপত্তি কৰিব নালাগে। কাৰণ গৌৰাংগই ওকালতি পঢ়িলে অঞ্চলটোৰ মহৎ উপকাৰ হ'ব। কিন্তু ম‍ই অনুৰোধ কৰিম, নৱদ্বীপ মণ্ডলে যাতে বিদ্যালয়খন এৰি নাযায়! কাৰণ গৌৰাংগৰ অনুপস্থিতিত তেৱেঁ বিদ্যালয়খন চম্ভালিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। ম‍ই অচিৰেই কমিটি মাতি তেওঁক প্ৰধান শিক্ষকৰ দায়িত্বভাৰ প্ৰদানৰ ব্যৱস্থা কৰিম ৷

ঘৰলৈ অহাৰ বাটত মই ক'লো- উকালতি পঢ়াৰ কাৰণে পদত্যাগ কৰিলি নে.আন কিবা ৰহস্য আছে?

তোৰ আগতনো কি লুকাম ! গৌৰাংগই ক'লে- আচলতে নিখিল পালৰ ওপৰত অভিমান কৰিয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো । যত স্বাধীনতা নাই, তাত মই কাম কৰিব নোৱাৰিম। কিন্তু ৰাইজক সান্ত্বনা দিবলৈ গৈয়ে মই উকালতি পঢ়াৰ কথা কৈ পেলাইছো।

তাৰ মানে তই উকালতি নপঢ় !

নিশ্চয় পঢ়িম। গৌৰাংগই দৃঢ়তাৰে ক'লে- সভাৰ আগত কথা দিছো, এতিয়া নপঢ়িলে হ'ব জানো ?

মই হুমুনিয়াহ কাঢ়ি কলো- বেয়াৰ মাজতো বহু সময়ত ভালটো লুকাই থাকে, তোৰ ক্ষেত্ৰতো সেয়াই হ'ল দেখোন৷ শেষত ঠাট্টাৰ সুৰত কলো- নিখিল পালতো কেছৰে মানুহ। উকালতি পাছ কৰাৰ পাছত তেওঁৰপৰা পইচা নলবি !

পইচা নলম মানে! কিয় ?

তেওঁৰ কাৰণেইতো তই উকালতি পঢ়াৰ সুযোগ পাইছ।

মানে?

সি তোৰ লগত নালাগিলে তই জানো উকালতি পঢ়াৰ সিদ্ধান্ত ললিহেঁতেন ?

এৰা, কথাটো তই মিছা কোৱা নাই! গৌৰাংগই হাঁহি মাৰি ক'লে-গোৰ মাৰি সি মোক গংগাত পেলালে বুলি ক'ব পাৰা । মানুহৰ জীৱনত বন্ধুৰ যিদৰে প্ৰয়োজন, সেইদৰে প্ৰতিদ্বন্দ্বিৰো প্ৰয়োজন। প্রতিদ্বন্দ্বি থাকিলেহে প্ৰতিযোগিতা হয় আৰু প্ৰতিযোগিতা হ'লেহে মানুহৰ উন্নতি হয়।

                                পোন্ধৰ

গৌৰাংগ সঁচাকৈয়ে উকালতি পঢ়িবলৈ গ'ল আৰু মই ৰাইজৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি বাঘৰতে থাকি গ'লো।

কেইদিনমান পাছত মই হায়াৰ চেকেণ্ডাৰী এখনত চাঞ্চ পালো যদিও নগ'লো। কাৰণ গৌৰাংগই মোৰ ওপৰতে বিদ্যালয়ৰ সকলো দায়িত্ব ন্যস্ত কৰি যোৱাৰ লগতে তাৰ মাকৰ দায়িত্বও মোৰ ওপৰত ন্যস্ত কৰি গৈছে। ইফালে বিদ্যালয় কর্তৃপক্ষয়ো মোৰ ওপৰত প্ৰধান শিক্ষকৰ দায়িত্বভাৰ ন্যস্ত কৰিছে। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক কিছুমানেও মই বিদ্যালয় এৰি নাযাবলৈ অনুৰোধ কৰিলে। এনেকি নিখিল পালৰ নিচিনা মানুহেও বিদ্যালয়খন এৰি নাযাবলৈ দঢ়াই দঢ়াই অনুৰোধ কৰিলে। ক'বলৈ গ'লে অঞ্চলটোৰ আটায়ে বিদ্যালয়ৰ দায়িত্বভাৰ লৈ বাঘবৰত থাকি যাবলৈ খাটনি ধৰিলে।

এই ক্ষেত্ৰত একমাত্র ব্যতিক্ৰম আছিল অনিতা। তাই হায়াৰ চেকেণ্ডাৰীৰৰ চাঞ্চটো এৰি নিদিবলৈ পৰামৰ্শ দিলে- লোকৰ কথাত আপুনি চাঞ্চটো এৰি দিয়া উচিত নহ'ব। ইয়াতনো আপুনি কি পাব! ৰাস্তা নাই, ঘাট নাই, নাই জীৱন ধাৰণৰ কোনো উপকৰণ। ইয়াত শিক্ষক হৈ থাকিলে আপোনাৰ জীৱনটোৱে বৰবাদ হৈ যাব ।

স্কুলখন হৈছে যেতিয়া ৰাস্তা-ঘাটো এদিন নিশ্চয় হ'ব। ম‍ই অনিতাৰ যুক্তি খণ্ডন কৰি ক'লো- ঠাইখনতো এনেয়ে বেয়া নহয় ! ৰাস্তা-ঘাট নাই কাৰণেহে ইমান পিছ পৰি আছে! ৰাস্তা-ঘাট হ'লেই সকলো ঠিক হৈ যাব।

ব্ৰহ্মপুত্ৰই বছৰে বছৰে গৰা খহাই আছে। লগতে আছে বানপানী। গতিকে ৰাস্তা-ঘাট হ'ব কেনেকৈ? অনিতাই যুক্তি দৰ্শালে- তদুপৰি নিখিল পালৰ নিচিনা মানুহ থাকোঁতে এই অঞ্চলৰ উন্নতি নহয় ৷ কাৰণ চৰকাৰে টকা দিলেও সেই টকাৰ সদ্ব্যৱহাৰ নহ'ব। আধা টকা যাব নিখিল পালহঁতৰ দৰে মানুহৰ পকেটত আৰু আধা যাব ৰাজনৈতিক নেতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ পকেটত। ইয়াত এনেকুৱা ঘটনাও ঘটিছে, এচপৰা মাটি নেপেলোৱাকৈও বিভাগীয় কৰ্তৃপক্ষৰ লগত লগ লাগি নিখিল পালৰ নিচিনা মানুহে টকা আত্মসাৎ কৰিছে। বিদ্যুতৰ নিচিনা মানুহ আছে কাৰণেহে এইবোৰ দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে।

এতিয়াতো এজন মাথোন বিদ্যুতে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আছে! মানুহবিলাক শিক্ষিত হ'লে এশ জন বিদ্যুতৰ সৃষ্টি হ'ব তেতিয়া এইবোৰ দুৰ্নীতি নিশ্চয় নোহোৱা হ'ব। আমাৰ উন্নয়নৰ পূৰ্বচতই হৈছে শিক্ষা। স্কুলখন স্থাপন হৈছে যেতিয়া সময়ত সকলো ঠিক হৈ যাব

মোৰ কথাত অনিতা কিছু নিরুৎসাহিত হ'ল। কলে তাই- জীৱনত চাঞ্চ কিন্তু বাৰে বাৰে নাহে। এতিয়া আপোনাৰ ইচ্ছা। মোৰ কব লগাখিনি মই ক'লো ।

অৱশেষত ম‍ই হায়াৰ চেকেণ্ডাৰীৰ চাঞ্চটো এৰি দিলো। মোৰ এই আত্মত্যাগৰ ফলত অঞ্চলটোত মোৰ সুনাম বাঢ়িল। সুনাম বঢ়াৰ লগে লগে সন্মানো বাঢ়িল। ফলত দিনবোৰ মোটা-মুটি ভালদৰেই পাৰ হ'বলৈ ধৰিলে।

এদিন নবৌৰ পৰা এখন চিঠি পালো। চিঠিখনত ঘৰৰ কুশল বাতৰিৰ লগতে সিবাৰ ঘৰলৈ যাওঁতে যে বিয়াৰ কথা কৈছিল সেয়া পুনৰ্বাৰ উল্লেখ কৰি মোৰ মতামত জনাই চিঠি লেখিবলৈ কৈছে। মাই হেনো কথাটো তাইক সদায় সুধি থাকে। মই যদি ইতিমধ্যে কাৰোবাক পছন্দ কৰিছো সেয়াও জনাবলৈ কৈছে আৰু যদি তেনে একো ঘটা নাই, তেনেহ'লে কইনা চোৱাৰ কাৰণে অনুমতি বিচাৰিছে। মোৰ অনুমতি পালেই হেনো কইনা চাবলৈ আৰম্ভ কৰিব!

চিঠিখন পঢ়ি মই চিন্তিত হৈ পৰিলো ৷ মোৰ আচলতে স্কুলখন চৰকাৰী কৰণ নোহোৱলৈকে বিয়া কৰোৱাৰ ইচ্ছা নাই। তথাপি মাৰ ইচ্ছা পূৰণৰ কাৰণে যদি কৰাব লগা হয়ে তেনেহ'লে অনিতাকে বিয়া কৰাম বুলি মনে মনে সিদ্ধান্ত লৈ থৈছো। কিন্তু কথাটো লেখোঁ কেনেকৈ ? কাৰণ মই অনিতাক ভাল পালেও অনিতাই যে মোক ভাল পায় তাৰ কোনো ইংগিতে ম‍ই এতিয়ালৈকে পোৱা নাই। মই তাইৰ প্ৰতি দুৰ্বল বুলি তাই জানে, নে নাজানে সেয়াও মই নাজানো। একেলগে উঠিছো, বহিছো, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজনীতিকে আদি কৰি বহু কথাই আলোচনা কৰিছো; কিন্তু আচল কথাটোৱে এতিয়ালৈকে কোৱা হোৱা নাই। অৱশ্যে প্ৰমীলা বাইদেৱে কথাটো কিছু হ'লেও অনুমান কৰিব পাৰিছে।

এদিন মই অনিতা লৈ বুলি চিঠি এখন লেখিছিলো। মই যে তাইক ভালপাও সেয়া চিঠিখনত উল্লেখ কৰিছিলো । অৱশ্যে চিঠিখন যে তাইক মই দিমেই এনেকুৱা কোনো পৰিকল্পনা মোৰ নাছিল। এনেয়ে অৱসৰ সময় কটোৱাৰ কাৰণেহে লিখিছিলো মনৰ তাগিদাত। অসাৱধনতাবশতঃ চিঠিখন মেজৰ তলত পৰি গৈছিল আৰু চিঠিখন তেনেকৈ মেজৰ তলতে পৰি আছিল। ঘৰ সাৰিবলৈ আহি প্ৰমীলা বাইদেৱে চিঠিখন পাই মোৰ মেজৰ ওপৰত থৈ গৈছিল। মোৰ বিশ্বাস তাই চিঠিখন পঢ়িছিল। কাৰণ ম‍ই ঘৰলৈ অহাৰ পাছত তাই কৈছিল- চিঠি এখন মেজৰ তলত পৰি আছিল। বেলেগ কোনোবাই পঢ়িব পাৰে বুলি মই গাৰোৰ তলত থৈ দিছো। এইদৰে কৈ তাই মিচিকিয়া হাঁহি মাৰি গুচি গৈছিল।

ঘটনাটোৰ পাছত দুদিনমান মই প্ৰমীলা বাইদেৱৰ চকুত চকু থৈ কথা ক'ব পৰা নাছিলো। অৱশ্যে প্ৰমীলা বাইদেৱে যে মোক বেয়া পোৱা নাই তাইৰ হাঁহিৰ পৰা মই সেই কথা অনুমান কৰিব পাৰিছিলো। দুদিনমান পাছত মই প্ৰমীলা বাইদেৱক লগ ধৰি কৈফিয়তৰ সুৰত কৈছিলো- চিঠিৰ কথা কাকো নক', বাইদেউ। এনেয়ে লিখিছিলো। তেনেকুৱা কোনো কথা নাই।

সিদিনাৰ পৰা তাই মোক অলপ বেলেগ চকুৰে চায় ৷ কিন্তু কথাটো তাই অনিতাক কৈছে, নে নাই সেয়া মই নাজানো। মোৰ ধাৰণা কোৱা নাই। কাৰণ অনিতাৰ পৰা তেনে কোনো প্রতিক্রিয়া মই দেখা নাই। ক'লে অৱশ্যে তাইৰ আচৰণৰ পৰা মই কথাটো কিছু হ'লেও অনুমান কৰিব পাৰিলোহেঁতেন। কিন্তু মই নো নাৰীৰ মনৰ কথা জানিম কেনেকৈ? নাৰীৰ মনৰ কথা বোলে দেৱতায়ো গম নাপায় । গতিকে মই নো কোন কূটা যে তাইৰ মনৰ কথা বুজি পাম ! অৱশ্যে প্ৰমীলা বাইদেৱে সিদিনাৰ চিঠিখনৰ কথা অনিতাক কোৱাই ভাল আছিল! তেনেহ'লে ইমান দিনে কিবা এটা হেস্ত নেস্ত হৈ গ'লহেঁতেন। আজি মই এইদৰে দুঃশ্চিন্তা কৰিব লগা নহলহেঁতেন ৷

অৱশ্যে এটা কথা ঠিক যে অনিতাই মোক বেয়া নাপায় । তাইৰ আচৰণৰ পৰা মই সেয়া উপলব্ধি কৰিব পােিছা। কিন্তু বেয়া নাপালেইযে ভাল পাব তাৰতো কোনো নিশ্চয়তা নাই! আজি যেনেকৈয়ে হওঁক কথাটো ম‍ই অনিতাক ক'বই লাগিব। কাৰোবাক ভালপোৱাতো অপৰাধ নহয় ! তাই মোৰ ভালপোৱাত সঁহাৰি দিলে ভাল, নিদিলেও একো অসুবিধা নাই । কাৰণ আমিতো এতিয়া চেঙেলীয়া ডেকা হৈ থকা নাই যে তাই মোক ভাল নাপালেই আত্মহত্যা কৰিম! এনেকৈ একপক্ষীয় প্ৰেমত হাবাথুৰি খোৱাতকৈ ইয়াৰ কিবা এটা হেস্ত-নেস্ত কৰাই ভাল হ'ব।

এইদৰে মনতে ভাবি মই চোলাটো গাত জাপি অনিতাহঁতৰ ঘৰলৈ বুলি ৰাওণা হ'লো। আজি যেনে-তেনে কথাটো তাইক সুধিবই লাগিব। কোনো জড়তাক আজি মই প্রশ্রয় নিদিও।

এইদেৰে ভাবি ভাবি মই অনিতাহঁতৰ নঙলা পালোহি। নঙলা ঠেলি সোমাই আহি বাৰাণ্ডা পাওঁগৈ মানে সুলতা চৌধুৰী বাৰাণ্ডালৈ ওলাই আহিল । তাইক দেখি মোৰ বুকুৱে ধান বানিবলৈ ধৰিলে। বুকুৰ ঢপ্‌ঢপ্‌নি যেন কেবা যোজন আঁতৰৰ পৰা শুনা যাব এনেকুৱা উপলব্ধি হ'বলৈ ধৰিলে মোৰ। বুকুত হাত দি চালো, বুকুখন দ্রুত লয়ত উঠা-নমা কৰি আছে। হয়তো দুর্বল মুহূৰ্তত সকলোৰে এনেকুৱা অৱস্থা হয়। ম‍ই ঢলংঢপংকৈ বাৰালৈ উঠি আহিলো।

মই বাৰাণ্ডাত পাৰি থোৱা চকী এখনত গুৰিকটা গছৰ দৰে ধুপুচকৈ বহি কৈফিয়তৰ সুৰত ক'লো- আজি মনটো ভাল লগা নাই। সেয়ে এই অসময়ত ফুৰিবলৈ ওলাই আহিলো।

সুলতা চৌধুৰীয়ে মোৰ কথাত গুৰুত্ব নিদি ক'লে- আধা ঘণ্টামান আগত আহিলে অনিতাৰ লগত দেখা হ'লহেঁতেন !

কথাটো শুনি মোৰ বুকুখন হম্হমাই উঠিল। কথাষাৰৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰি ম‍ই সুলতা চৌধুৰীৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাই কলো- মানে ! তাই ঘৰত নাই নেকি? কলৈ গ'ল ! আজি ৰাতিপুৱাই দেখোন তাইৰ লগত মোৰ কথা হৈছে। তেতিয়াতো তাই এই বিষয়ে একো কোৱা নাছিল !

সুলতা চৌধুৰীয়ে কথাটো বুজাই ক'লে- তাই নিজেও নাজানিছিল যে আজি গুৱাহাটীলৈ যাব লাগিব। তাইৰ নাৰ্চ ট্ৰেইনিঙৰ কলিং লেটাৰখন আজি এঘণ্টামান আগতে পিয়নে দি গ'ল। জানেইতো আমাৰ ইয়াৰ যোগাযোগ ব্যৱস্থাৰ কথা। তাৰ পৰা সাতদিনমান আগতে লেটাৰখন পঠাইছে আৰু আজি এঘণটামান আগতহে পিয়নে চিঠিখন দিলে। কালিয়ে হেনো জইন কৰিব লাগে ।

অনিতা নার্চ ট্রেনিঙৰ কাৰণে আবেদন কৰাৰ কথা মই জানো। ময়ে তাইক পৰামৰ্শ দিছিলো আবেদন কৰাৰ কাৰণে। গতিকে ট্রেনিঙৰ কাৰণে ছিলেক্ট হোৱাৰ কথা শুনি ভাল পালো যদিও মনতে পাঙি অহা কথাষাৰ ক'ব নোৱাৰা কাৰণে মনটো সেমেকি উঠিল। মনে মনে খঙো উঠিল মোৰ চিঠিখনৰ ওপৰত। আজিহে চিঠিখন আহিবলৈ পালেনে? মনে মনে এইবোৰ কথা ভাবি ম‍ই প্রকাশ্যে কলো- ভালেই হৈছে। তাই পাব বুলিও মোৰ দৃঢ় বিশ্বাস আছিল

তোমাৰ লগত দেখা কৰিবলৈ যোৱাৰ কথা ভাবিছিল; কিন্তু সময়ৰ নাটনিৰ কাৰণে যাব নোৱাৰিলে ৷ জানাইতো আমাৰ ইয়াৰ ৰাস্তা-ঘাটৰ অৱস্থা !

অকলেই গৈছে নেকি ?

নাই নাই, বিদ্যুতৰ লগত গৈছে। পিয়নে চিঠিখন দিয়াৰ সময়ত সি আমাৰ ঘৰতে আছিল। অনিতাই তাক যাবলৈ কোৱাত সি বিশেষ আপত্তি নকৰিলে । কাৰণ সিয়ো হেনো কেইদিনমান আগৰ পৰা গুৱাহাটীলৈ যোৱাৰ কথা ভাবি আছিল। নাৰায়ণ গৈছে সিহঁতক কনৰালৈ আগবঢ়াই থ'বলৈ।

মই বোবা হৈ গ'লো। মোৰ ভৰিৰ তলৰ পৰা মাটি যেন সৰকি যাবলৈ ধৰিলে। এক অব্যক্ত বেদনাত মোৰ দেহ-মন ভৰি পৰিল ৷ ম‍ই নিজক সংযত কৰি সেমেনা-সেমেনি কৰি ক'লো- বিদ্যুত লগত গৈছে যেতিয়া চিন্তা নাই। নিশ্চয় সময় মতেই জইন কৰিব পাৰিব ৷ আমাৰ ৰাজ্যত জনসংখ্যা অনুপাতে ডাক্তৰ আৰু নাৰ্চৰ সংখ্যা তেনেই কম। গতিকে ট্রেনিং শেষ হ'লেই চাকৰিও হৈ যাব ।

চাকৰিটো হ'লেতো আমি বাচিয়ে যাওঁ। কিন্তু ট্রেনিং হেনো তিনি বছৰ চলিব। সুলতা চৌধুৰীয়ে নিজৰ দৈন্যতা প্ৰকাশ কৰি ক'লে- খোৱা-বোৱাৰ খৰচ চৰকাৰৰ পৰা বহন কৰিব যদিও তাইৰ হাত খৰচৰ কাৰণেতো কিবা হ'লেও দিব লাগিব ! সেই টকা মই ক'ৰ পৰা যোগাৰ কৰিম তাকেহে ভাবিছো।

তাইৰ হাত খৰচৰ টকা মই বহন কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ মন গৈছিল। কিন্তু উপায় নাই! মই নিজেই লোকৰ অনুগ্ৰহৰ ওপৰত চলি আছো ৷ সেয়ে মোৰ সান্ত্বনা দিয়াৰ বাহিৰে বেলেগ উপায় নাছিল। ম‍ই সান্ত্বনা দিয়াৰ কাৰণে ক'লো- কিবা এটা ব্যৱস্থা নিশ্চয় হ'ব। গৌৰাংগহঁততো আছেই, সিহঁতে জানো এই ক্ষেত্ৰত সহায় নকৰিব!

সিহঁতক নো ক'ম কেনেকৈ? সিহঁতে আমাৰ কাৰণে বহুত কৰিছে। তাইক চহৰত ৰাখি পঢ়ুৱাইছে। প্ৰয়োজনত বহু ক্ষেত্ৰত আন আন বিষয়ে সহায়ৰ হাত আগবঢ়াইছে। গতিকে সিহঁতক পুনৰ এই বিষয়ে কওঁ কেনেকৈ? এটাই মাথোন চাকৰি! গৌৰাংগৰ চাকৰিটো হ'লে অৱশ্যে কথা নাছিল ! প্রয়োজন হ'লে মাটিয়ে বিক্ৰী কৰিব লাগিব ।

মই বাধা দি ক'লো- আগতেই মাটি বিক্ৰীৰ কথা ভাবিব নালাগে। মই গৌৰাংগৰ লগত এই বিষয়ে আলোচনা কৰিম বাৰু ৷ আশা কৰোঁ, কিবা এটা উপায় নিশ্চয় ওলাব।

তাই নথকাৰ কাৰণে মনটো বেয়া লাগি আছে। সুলতা চৌধুৰীয়ে প্ৰসংগ সলনি কৰি ক'লে।

সুলতা চৌধুৰীৰ কথা শুনি মোৰ মনে মনে খং উঠি গ'ল। তাইতো তাইৰ মনৰ কথা কৈ মনটো পাতলালে; কিন্তু অনিতা অবিহনে মোৰ মনটো যে হতাশাত ভাঙি পৰিছে এই কথা কাৰ আগত কৈ মই মোৰ মন পাতলাম! এনে কিছুমান কথা আছে, যি কথা কাৰো আগত প্ৰকাশ কৰা সম্ভৱ নহয়। হৃদয়ৰ মাজতে গোপনে সাঁচি ৰাখিব লগা হয়। অনিতা অবিহনে মোৰ মনৰ মাজত যি বেদনাৰ উৰ্মি আৰম্ভ হৈছে সেয়া মই গোপনে ছাই চেপা জুইৰ দৰে হৃদয়ত সাঁচি ৰাখিব লাগিব। যি উৰ্মিৰ তাণ্ডৱ মোৰ বাহিৰে হয়তো কোনেও কোনোদিন উপলব্ধি কৰিব নোৱাৰিব।

সুলতা চৌধুৰীৰপৰা বিদায় লৈ মই সিদিনাৰ কাৰণে ঘৰলৈ আহিলো।

দুদিনমান পাছত ঘৰলৈ চিঠি লেখি পঠালো ৷ তাত মোৰ কুশল বাতৰিৰ বাহিৰে একো নেলেখিলো । হৃদয়ত অব্যক্ত বেদনাৰ বোজা । কিন্তু কাৰো আগত প্ৰকাশ কৰিব পৰা নাই। স্কুলত থকা সময়খিনি ভালদৰেই পাৰ হয়। স্কুলৰপৰা ঘৰলৈ আহিলেই অনিতাৰ কাৰণে হৃদয়খন হাহাকাৰ কৰি উঠে। অনিতাৰ নানা স্মৃতিয়ে হৃদয়ত লুকা-ভাকু খেলে। বেদনাবোৰ কেতিয়াবা সাপৰ দৰে মোচড় দি উঠে। তেতিয়া মনৰ বেদনাবোৰ কবিতাৰ ভাষাত সজীৱ কৰি তুলিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সচেতনভাবে অনিতাক পাহৰি থাকিবলৈ যত্ন কৰোঁ। নাই নাই, অনিতাৰ কথা আৰু নাভাবো । অনিতানো মোৰ কোন হয় ? তাইৰ লগততো মোৰ কোনো সম্পৰ্ক নাই! দুদিনৰ চিনাকিহে মাথোন ! তাইৰ কথা ভাবি কিয় মনটোক কষ্ট দিও ! কিন্তু চেষ্টা কৰিলেই জানো সকলো কথা পাহৰি থাকিব পাৰি ! যি কথা পাহৰিবলৈ চেষ্টা কৰা হয়, সেই কথাই যেন মনটোক বেছি অশান্ত কৰি তোলে ।

মোৰ ধাৰণা অনিতাই নিশ্চয় চিঠি লেখিব। অন্তত সিদিনা কৈ নোযোৱাৰ কাৰণে ক্ষমা খুজি চিঠি লেখিব। সেয়ে স্কুল ছুটীৰ পাছত প্ৰায়ে পোষ্ট অফিচলৈ যাওঁ। চিঠি আছে নেকি সুধো। কিন্তু প্রতিদিনেই বিফল হৈ উভতি আহো।

কথাতে কয় সাপেহে সাপৰ ঠেং দেখে। ভূক্তভোগীৰ মর্মবেদনা ভূক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে। আজি-কালি প্রমীলা বাইদেউ যেন মোৰ প্ৰতি অধিক মনযোগ দিয়া হৈছে। হয়তো তাই মোৰ মনৰ বেদনাৰ কিছু হ'লেও উমান পাইছে। কিন্তু মুখ ফুটাই কোনোদিন একো সোধা নাই। ময়ো একো কোৱা নাই। এনেকৈয়ে দিন পাৰ হৈ আছে।

দুমাহমান পাছত এদিন অনিতাৰপৰা এখন চিঠি পালো। চিঠিত কুশল বাতৰি জনোৱাৰ লগতে সিদিনা সময়ৰ অভাৱত কৈ নোযোৱাৰ কাৰণে ক্ষমা খুজিছে। ক্লাছপাতি ভালদৰেই চলি আছে। হোষ্টেলত আছে। কৃষাণু চৌধুৰী গৈ দুদিন দেখা কৰি আহিছে। হাত খৰচৰ কাৰণে টকাও দি আহিছে। লগতে এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিছে।

পৰেশ চৌধুৰী মৰা নাই। সি যোৰহাট জেলত আছে। কৃষাণু চৌধুৰী কিবা কাৰণত যোৰহাটলৈ গৈছিল। তাতে লগ পাই আহিছে তেওঁক। পৰেশ চৌধুৰীৰ বন্ধু এজন যোৰহাটত সহকাৰী জেইলৰ। তেওঁৰ লগত দেখা কৰিবলৈ গৈ পৰেশ চৌধুৰীক তাত চাই আহিছে। দাঢ়ি-গোঁফেৰে ভোবোকাৰ হৈ আছে। প্ৰথম দৰ্শনত তেওঁ চিনিবই পৰা নাছিল হেনো। পাছত ভালদৰে লক্ষ্য কৰাৰ পাছতহে হেনো চিনিব পাৰিছে। পৰেশ চৌধুৰীৰ লগত কথাও পাতি আহিছে। স্বাস্থ্যপাতি ঠিকেই আছে।

পৰশে চৌধুৰীয়ে ঘৰৰ কুশল বাতৰিও সুধিছে। এমাহমান পাছত জেলৰপৰা মুক্তি পাব বুলি কৃষাণু চৌধুৰীয়ে জেইলাৰৰ পৰা জানিব পাৰিছে। মুক্তি পোৱাৰ আগতে খবৰটো কাকো নজনাবলৈ পৰশে চৌধুৰীয়ে বাৰে বাৰে অনুৰোধ কৰি পঠাইছে। মুক্তি পালেই হেনো এইবাৰ সি ঘৰলৈ আহিব। পুনৰ সংসাৰ ধৰ্ম আৰম্ভ কৰিব। মুক্তি পোৱাৰ আগতে মই যাতে কথাটো কাৰো আগত প্ৰকাশ নকৰো তাৰ বাবে অনিতাই বাৰে বাৰে অনুৰোধ কৰি লেখি পঠাইছে। কিন্তু কাৰণটো উল্লেখ কৰা নাই। কথাটো জানিলে প্রমীলা বাইদেউ তেওঁক দেখাৰ কাৰণে উদ্বাউল হৈ উঠিব পাৰে বুলিয়ে হয়তো জনাবলৈ নিষেধ কৰিছে। কাৰণ যোৰহাটলৈ অহা-যোৱা কৰিবলৈ হ'লে খৰচৰ কথা আছে। কিছুদিন পাছতে আহিব যেতিয়া অনাহকত খৰচ কৰিনো লাভ কি ! তদুপৰি পৰেশ চৌধুৰী যিহে মানুহ, জেলৰ পৰা মুক্তি পাই যদি ঘৰলৈ নাহে, ইয়ো এটা কাৰণ হ'ব পাৰে !

পৰেশ চৌধুৰী জীয়াই থকাৰ কথা শুনি মই খুবেই আপ্লুত হৈ উঠিলো; কিন্তু এষাৰ কথা বুজিব নোৱাৰিলো। মৃত মানুহ এজন জীয়াই উঠিল কেনেকৈ? মৰিলে জানো পুনৰ জীয়াই উঠা সম্ভৱ ! মোৰ উপলব্ধি কৰিবলৈ অসুবিধা নহ'ল যে, পৰেশ চৌধুৰী নিশ্চয় মৰা নাছিল । নিশ্চয় আন কোনোবা মৰিছিল আৰু ভুলতে তেওঁ মৰাৰ বাতৰি প্ৰচাৰ হৈছিল। কিন্তু কিয়, কি কাৰণত এনেকুৱা ভুল বাতৰি প্ৰচাৰ কৰা হৈছিল তাৰ কোনো উল্লেখ নাই চিঠিখনত। পাছত নিশ্চয় জানিব পৰা যাব প্ৰকৃততে কি ঘটিছিল পৰেশ চৌধুৰীৰ ভাগ্যত। কিন্তু ভুল বাতৰি ব্যক্তি বিশেষ, এখন সমাজ, এখন দেশৰ কাৰণে কিমান মাৰাত্মক প্রমীলা বাইদেউৰ উকা কপালখন চকুৰ আগত ভাহি উঠাৰ লগে লগে সেয়া উপলব্ধি কৰিব পাৰিলো ।

অনিতাৰ কুশল বাতৰি প্ৰমীলা বাইদেউক জনালো যদিও অনিতাই নিষেধ কৰা কাৰণে পৰেশ চৌধুৰী জীয়াই থকাৰ কথা নজনালো। প্রমীলা বাইদেউক সুখবৰটো দিব পাৰিলে খুবেই ভাল লাগিলহেঁতেন ! কিন্তু অনিতাৰ নিষেধৰ কথা ভাবি খবৰটো দিয়াৰ পৰা বিৰত থাকিলো । কিন্তু মনৰ মাজত কথাটোৱে তোলপাৰ লগাই থাকিল ৷ বহু কষ্ট কৰি ম‍ই নিজক সংযত কৰি ৰাখিলো। ভাবিলো, এতিয়াৰ সুখবৰতকৈ পৰেশ চৌধুৰীক সশৰীৰে দেখিলেই হয়তো প্রমীলা বাইদেৱে বেছি ভাল পাব!

                      ষোল্ল

ইয়াৰ মাজতে এটা পষেকৰ ভিতৰত দুটা ঘটনা ঘটি গ'ল।

প্রথম ঘটনাটোৰ নায়ক আছিল নিখিল পাল

ছোচাইটি পঞ্জীয়ন, চিলুচি বিল পট্টন আৰু কৌশলেৰে ছোচাইটিৰ সম্পাদক পলান ৰাজবংশীক সম্পাদক পদৰ পৰা বহিষ্কাৰ কৰাৰ কথা আগতেই উল্লেখ কৰা হৈছে। সম্পাদকৰ পদৰপৰা বহিষ্কৃত হোৱাৰ পাছত পলান ৰাজবংশীয়ে নিখিল পাল সমন্বিতে কেইজনমান মানুহৰ নামত কেছ দিছিল। বহুদিন কেছ চলাৰ পাছত পলান ৰাজবংশীৰ হাতত থকা টকা-পইচা শেষ হৈ যোৱাত সি মাটি বিক্ৰী কৰিও কিছুদিন কেছ চলাইছিল। কিন্তু কেছ মীমাংসা হোৱা নাছিল ৷ কাৰণ নিখিল পালহঁত প্ৰতিপত্তিশীল মানুহ। টকা-পইচাৰ অভাৱ নাই। সিহঁতে টকা খৰচ কৰি কেছৰ তাৰিখ পিছুৱাই নি আছিল। ফলত সৰ্বস্বান্ত হৈ পলান ৰাজবংশী মনৰ দুখত লক্ষ্মীমপুৰলৈ গুচি গৈছিল।

সি তাতে খেতিবাতি কৰি কিছু টকা উপাৰ্জন কৰি তাৰ পৰা ঘূৰি আহি পুনৰ ছোচাইটিটো দখলৰ চেষ্টা চলাইছিল। কিন্তু অৱশেষত সি কেছত হালি। কাৰণ পলান ৰাজবংশীৰ লগত থাকিলে কেতিয়াও জয়ী হ'ব নোৱাৰে বুলি ভাবি ইতিমধ্যে ছোচাইটিৰ অধিকাংশ সদস্য নিখিল পালৰ ফলীয়া হৈ গৈছিল।

কেছত হাৰি পলানৰ মতিভ্ৰম হ'ল। সি বলিয়াৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। এদিন সি নিখিল পালৰ ঘৰত থকা আমগছত চিপলৈ আত্মহত্যা কৰিলে । আত্মহত্যাৰ ঘটনা বুলি তদন্ত নকৰাকৈয়ে আৰক্ষীয়ে কেছটো সিমানতে অন্ত পেলাব খুজিছিল। কিন্তু এই ক্ষেত্ৰত বিদ্যুতে বাধা প্ৰদান কৰিলে। ন্যায় বিচাৰ তথা নিখিল পালৰ গ্ৰেপ্তাৰৰ দাবীত সি সমদল উলিয়ালে। বিদ্যুতৰ দাবীৰ আগত সেও মানি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। মানুহৰ পৰা সাক্ষী-প্রমাণ লোৱাৰ পাছত এই আত্মহত্যাৰ আঁৰৰ মানুহজন যে নিখিল পাল সেই কথা প্ৰমাণিত হ'ল। নিখিল পালে পলানক হত্যা কৰিব পাৰে বুলিও বহুতে সংশয় প্রকাশ কৰিলে। সেয়ে আৰক্ষীয়ে নিখিল পালক গ্ৰেপ্তাৰ কৰি সদৰলৈ চালান দিলে। দুসপ্তাহমান পাছত নিখিল পাল জামিনত মুক্তি পাই জে'লৰপৰা ঘৰলৈ আহিল ।

নিখিল পাল জেলৰ পৰা জামিনত ওলাই অহাৰ এসপ্তাহ পাছত আনটো ঘটনা ঘটিল। ডকাইতি কৰিবলৈ গৈ বিনোদ দলবলসহ ৰাইজৰ হাতত ধৰা পৰিল । বিনোদক দলবলসহ ধৰাৰ মূলতে আছিল বিদ্যুৎ। সিদিনা সি পাৰ্টিৰ কামত এখন গাঁৱলৈ গৈছিল । নিশা মিটিং কৰাৰ পাছত সি তাতে এঘৰত বন্ধু এজনৰ লগত শুই আছিল । সিহঁত শুই থকা ঘৰখন আছিল ব্ৰহ্মপুত্ৰৰ পাৰত। পুৱতি নিশা পেচাব কৰিবলৈ উঠি বিদ্যুতে নদৰ মাজত মানুহৰ কোলাহল শুনিবলৈ পালে । তেতিয়াও বেলি উঠা নাছিল। আন্ধাৰ হৈয়ে আছিল । সি প্ৰথমতে নৈৰ বুকুত প্ৰকৃততে কি ঘটি আছে সেয়া চাবলৈ যত্ন কৰি বিফল হ'ল। শেষত কাণ পোণাই শব্দৰ উৎস বিচাৰিবলৈ ধৰিলে। তাৰ ধাৰণা হ', দুখন নাও ভটিয়াই গৈ আছে। সি ঘটনাটোৰ প্ৰকৃত তলানলা উলিয়াবলৈ যত্নপৰ হ'ল। কিছু সময় নিৰীক্ষণৰ পাছত সি কোলাহলৰ উৎসৰপৰা নিশ্চিত হ'ল যে, এখন নাৱে আনখন নাওক খেদি নি আছে।

তাৰ মনত হঠাৎ এটা বুদ্ধি খেলালে। ডকাইতো হ'ব পাৰে। কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে মাজে সময়েই ডকাইতিৰ ঘটনা সংঘটিত হয়। ডকাইতবোৰ নাৱেৰে আহি নদৰ পাৰত অৱস্থিত ঘৰবোৰত ডকাইতি সংঘটিত কৰে। ব্ৰহ্মপুত্ৰৰ বুকুত অসংখ্য চৰইয়াৰে বহু চৰ জনবসতিহীন । বাৰিষা কালত তাৰে চৰ কঁহুৱাৰে ভৰি থাকে। নিশা ডকাইতি সংঘটিত কৰি দিনৰ ভাগত সেই জনবসতিহীন চৰত কঁহুৱাৰ ভিতৰত নাও সোমাই দি দিনটো তাতে আত্মগোপন কৰি থাকে আৰু ৰাতি তাৰপৰা ওলাই আহি পুনৰ ডকাইতি সংঘটিত কৰে। এনেকুৱা বহু ডকাইতিৰ ঘটনা বহুবাৰ সংঘটিত হৈছে। মানুহৰপৰা আঁতৰত থাকি ডকাইতি সংঘটিত কৰাৰ কাৰণে আৰক্ষীয়ে সিহঁতৰ সম্ভেদ উলিয়াব নোৱাৰে। এইবোৰ ডকাইতিৰ ঘটনাত বিনোদ আৰু জালালহঁত জড়িত হৈ থকাৰ কথাও সি জানে। আৰক্ষীয়ে বহু চেষ্টা কৰিও সিহঁতক কৰায়ত্ত কৰিবপৰা নাই। আজিও হয়তো দলটো তেনেকৈ ডকাইতি কৰিবলৈ গৈছিল আৰু ডকাইতি সংঘটিত কৰি উভতি অহাৰ বাটত গৃহস্থই দলটোৰ পিছে পিছে খেদি আহিছে।

ঘটনাটো তাৰ মনত খেলোৱাৰ লগে লগে সি বন্ধুজনক মাতি চিঞৰ-বাখৰ কৰি নদৰ পাৰে পাৰে ভটিয়াই যাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পাছত আকাশ ফৰকাল হৈ উঠিল। নদৰ বুকুৱেদি ভটিয়াই যোৱা নাও দুখন সিহঁতৰ চকুত পৰিল। আগে আগে আহি থকা নাওখন হঠাৎ সিহঁত থকা পাৰৰ ফালে আহিবলৈ ধৰিলে। নাওখনত দহ বাৰ্জন মানুহ। মানুহ কেইজন নিশ্চয় ডকাইত। পিছে পিছে খেদি অহা নাওখন অপেক্ষাকৃত ডাঙৰ হোৱাৰ কাৰণে ডকাইতৰ নাৱৰ লগত পাল্লাত নোৱাৰি বহু পিছ পৰি গ'ল ।

নাওখন আহি পাৰত ভিৰিলবিদ্যুতহঁত তালৈ গৈ পোৱাৰ আগতেই নাৱৰ পৰা ডকাইতবোৰ নামি দৌৰি পলাবলৈ ধৰিলে। ইতিমধ্যে ভালেখিনি পোহৰ হৈ আহিছিল। বিদ্যুতহঁতে কাষতে থকা জিকাৰ ডাল ভাঙি ডকাইত ডকাইতবুলি চিঞৰি ডকাইতৰ দলটোৰ পিছে পিছে খেদি গ'ল।

সিহঁতৰ চিঞৰ-বাখৰ শুনি ইতিমধ্যে বহু মানুহ গোট খাইছিল। সিহঁতে ডকাইতৰ দলটোক বেৰি-কুৰি ধৰি পেলালে ।

সেই দলটোত আন আন ডকাইতৰ লগত বিনোদো আছিল । বিদ্যুতে বিনোদক ধৰি জিকাৰ ডালেৰে দুটামান কোব শোধাই সুধিলে- ক, কত ডকাইতি কৰিবলৈ গৈছিলি?

চৰত! বিনোদে কলে- চৰত পাক্কু বেপাৰীৰ ঘৰত ডকাইতি কৰিছো৷

দলত আৰু কোন আছিল ?

জালাল, নছিমুদ্দিন, জটাধৰকে আদি কৰি আমি এঘাৰজন আছিলো ।

আজি যদি বাচিব খুজিছ তেনেহ'লে ক', কাৰ কাৰ লগত লগ লাগি দেউতাক হত্যা কৰিছিলি? সঁচা কথা ক'লে বাচিবি, নহ'লে ৰাইজৰ মূর্তি নিশ্চয় দেখিবলৈ পাইছ, মই একো নক'লেও ৰাইজে আজি তোক মৰিয়াই মৰিয়াই মাৰি পেলাব

নাই নাই, তোমাৰ দেউতাৰক আমি মাৰা নাছিলো। বেলেগে মাৰিছিল। বিনোদে কাকুতি-মিনতি কৰি ক'লে।

বিদ্যুতে পুনৰ দুটামান কোব শোধালে। বিনোদ আৰ্তনাদ কৰি উঠিল। ক'লে সি- হয় হয়, আমিয়ে হত্যা কৰিছিলো। এইদৰে কৈ সি বিদ্যুতৰ ভৰিত ধৰি ক'লে- আমাক যাবলৈ দিয়া, এনেকুৱা কাম জীৱনত আৰু কোনোদিন নকৰোঁ ।

বাইদেউক ধৰি নি কি কৰিছিলি ? বিপ্লৱে আৰু দুটামান কোব শোধালে।

তাইক ধৰি নি বলাৎকাৰ কৰাৰ পাছত হত্যা কৰি পুতি থৈছিলো ।

হত্যা কৰিছিলি! কিয়, কি অপৰাধ কৰিছিল তাই? বিদ্যুতে ক্ষোভেৰে সৈতে ক'লে ৷

আচলতে আমি তাইক হত্যা কৰিব খোজা নাছিলো। তাই চিঞৰ-বাখৰ কৰাতহে হত্যা কৰিবলৈ বাধ্য হৈছিলো ।

নিখিল পালে জানে নেকি এইবোৰ কথা? বিদ্যুতে সুধিলে ।

ককায়েকৰ পৰামৰ্শ মতেই বিলৰ পাৰত পুতি থৈছিলো।

অৱশেষত বিনোদে সকলো কথা অকপটে স্বীকাৰ কৰিলে। ক'ত কেনেকৈ পুতি থৈছিল, দলত কোন কোন আছিল, সকলো কথা আৰক্ষীৰ আগত বিৱৰি ক'লে। দহ বছৰ পাছত আৰক্ষীয়ে মেজিষ্ট্ৰেটৰ উপস্থিতিত কুঞ্জলতাক পুতি থোৱা ঠাইৰ পৰা জঁকা খান্দি উলিয়ালে।

দলবলসহ বিনোদক গ্ৰেপ্তাৰ কৰা হ'ল । আটায়ে কথাটো স্বীকাৰ কৰিলে । প্রমাণ নষ্ট কৰাৰ অপৰাধত নিখিল পালকো গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিলে। ফৰেনচিক পৰীক্ষাৰ পাছত জঁকাটো কুঞ্জলতাৰে আছিল বুলি প্ৰমাণিত হ'ল।

সত্য কেতিয়াও লুকাই নাথাকে আৰু এশ গৰু মাৰিলে বাঘৰো মৰণ হয়' এই আপ্তবাক্যৰ যথাৰ্থতা প্রমাণিত হ'ল। নিখিল পালে টকাৰ বলত নিজক বচাবলৈ চেষ্টা কৰিছিল যদিও সকলো বিফল হ'ল। টকাৰে যে সদায় সকলো কাম সিদ্ধ নহয় সেয়াও প্রমাণিত হল নিখিল পালৰ এই গ্ৰেপ্তাৰৰ ফলত ।

                                 সোতৰ

নিখিল পালহঁতক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ তিনিদিন পাছত আন এটি ঘটনা ঘটিল। ঘটনাটোৰ কাৰণে মই প্ৰস্তুত থাকিলেও গাঁওখনৰ আন কোনো মানুহ প্রস্তুত নাছিল।

সিদিনা আবেলিৰ মিঠা ৰ'দজাকে ৰাঙলি কিৰণ সিঁচৰতি কৰি আবেলিৰ আকাশখন ৰঙচুৱা কৰি তুলিছিল। ঠিক এনেকুৱা এটি সময়তে প্রমীলা বাইদেৱৰ জীৱনাকাশ ৰাঙলি কৰিবলৈ ভগবানৰ আশীৰ্বাদস্বৰূপ পৰেশ চৌধুৰী জে'লৰ পৰা মুক্তি পাই সুদীৰ্ঘ দহ বছৰ পাছত ঘৰলৈ আহিল । তেওঁ আহি প্ৰথমতে অনিতাহঁতৰ ঘৰত উঠিল । কাৰণ অনিতাও আহিছিল তেওঁৰ লগত ৷ নাৰায়ণে আহি খবৰ দিয়াৰ পাছত প্ৰমীলা বাইদেৱে প্ৰথমতে কথাটো বিশ্বাস কৰিবলৈকে টান পালে।

তাই প্রশ্নবোধক দৃষ্টিত নাৰায়ণৰ ফালে চাই ক'লে- ঠাট্টা কৰিবলৈ আহিছ? ত লগ পালি?

নাৰায়ণে দৃঢ় কণ্ঠত কলে- আমাৰ ঘৰতে আছেঅনিতা বাইদেৱো আহিছে তেওঁৰ লগত৷ তোমাক যাবলৈ কৈ পঠাইছে।

তেওঁ মৰা খবৰটো.... প্রমীলা বাইদেৱে বাক্যটো আধৰুৱা কৈ এৰিলে।

নাই নাই, তেওঁ আৰক্ষীৰ গুলীত মৰা নাছিল। নাৰায়ণে কথাটো স্পষ্ট কৰিলে। বেলেগ পৰেশ চৌধুৰীহে মৰিছিল আৰক্ষীৰ গুলীত। বলা, তুমি গ'লেই সকলো কথা গম পাবা।

মোৰ কিন্তু কথাটো বিশ্বাস হোৱা নাই। প্রমীলা বাইদেৱে সংশয় প্রকাশ কৰি ক'লে- যদি সঁচাকৈয়ে এনেকুৱা ঘটনা ঘটিছে তেনেহ'লে তেওঁকে পঠিয়াই দেগৈ, যা ।

নাই নাই, তোমাক যাবলৈ কৈছে। নাৰায়ণে আঁকোৰগোজভাবে কলে-আমাৰ ঘৰত বহু মানুহ আহি গোট খাইছে। সিহঁতক এৰি আহিব কেনেকৈ? তুমিয়ে বলা ।

তথাপি.....

মই ঘৰৰ ভিতৰৰ পৰা সকলো কথা শুনি আছিলো ৷ প্রমীলা বাইদেৱে যাবলৈ আপত্তি কৰাত মই ঘৰৰ ভিতৰৰ পৰা ওলাই আহি ক'লো- কথাটো মিছা নহয়, বাইদেউ। তেওঁ অহাটো সঁচা। এইদৰে কৈ মই অনিতাই মোলৈ পঠোৱা চিঠিৰ কথা বিৱৰি ক'লো ।

মোক কথাটো কোৱা নাছিলা কিয়? প্রমীলা বাইদেৱে অভিযোগৰ সুৰত ক'লে ।

লক, সেয়া অনিতাৰ মুখৰ পৰাই জানিব পাৰিব। মই এই বিষয়ে অজ্ঞতা প্রকাশ কৰি ক'লো- মই নিজেও নাজানো কি কাৰণত তাই কথাটো কবলৈ নিষেধ কৰিছিল।

অৱশেষত প্রমীলা বাইদেৱক লগত লৈ মই অনিতাহঁতৰ ঘৰলৈ আহিলো ৷ খবৰটো ইতিমধ্যে গাঁৱখনত প্ৰচাৰ হৈ গৈছিল । সেয়ে নাৰায়ণে কোৱা অনুসৰিয়ে বহু মানুহ গোট খাইছিল ঘৰখনত। মুনিহ-তিৰোতাৰে চোতালখন ভৰি আছিল। ভিৰৰ মাজত ডাঢ়ি-গোঁফেৰে ভোবোকাৰ এজন মানুহ চকী এখনত বহি আছিল । শান্ত-সৌম্য মূৰ্ত্তি । বুদ্ধিদীপ্ত এযোৰ চকু । ডাঢ়ি-গোঁফৰ অন্তৰালত সুন্দৰ কমনীয়া মুখ এখন লুকা-ভাকু খেলি আছিল। উপস্থিত মানুহবিলাকৰ মাজৰপৰা দুই এজেনে ভাল-বেয়া কুশল-বাতৰি সুধি আছিল। মানুহবিলাকে বিস্মিতভাবে শুনি আছিল তেওঁৰ ৰোমাঞ্চকৰ কথাবোৰ।

মই যোৱাৰ লগে লগে নাৰায়ণে চকী এখন আনি দিলে। মই পৰেশ চৌধুৰীৰ কাষতে বহিলো।

প্রমীলা বাইদেউ ভিৰৰ মাজতে থিয় হৈ বিস্মিতভাবে পৰেশ চৌধুৰীৰ কথাবোৰ শুনি আছিল ৷ মই তাইক কাষলৈ অহাৰ কাৰণে মাতিলো৷ কিন্তু তাই নাহিলহয়তো অভিমান অথবা লাজত তাই ভিৰৰ মাজতে আত্মগোপন কৰি থাকিল। পৰেশ চৌধুৰী তাইৰ ফালে এবাৰ মাথোন চাই দৃষ্টি নমাই আনি প্রশ্নবোধক দৃষ্টিত মোৰ ফালে চালে। অনিতা মোৰ কাষতে আছিল। তাই মোৰ পৰিচয় দিলে। মোৰ পৰিচয় পাই তেওঁ নমস্কাৰ জনালে । প্রতি নমস্কাৰ জনাই মই ক'লো- আপুনি যে জীয়াই আছে, এই কথা মই দুমাহমান আগতেই অনিতাৰ পৰা গম পাইছিলো ৷ গতিকে আপুনি আহি হঠাৎ ওলোৱাৰ কাৰণে আটায়ে আচৰিত হ'লেও ম‍ই আচৰিত হোৱা নাই।

পৰেশ চৌধুৰীয়ে কিবা কোৱাৰ আগতেই অনিতাই কৈফিয়তৰ সুৰত পৰেশ চৌধুৰীক উদ্দেশ্য কৰি ক'লে- আচলতে কৃষাণুদাৰ মুখত কথাটো শুনাৰ পাছতো মই বিশ্বাস কৰিবলৈ টান পাইছিলো। যদি কথাটো মিছা হয়, তেনেহ'লে বাইদেউ মিছাতে মনত কষ্ট পাব। তদুপৰি ভিনদেউ যিহে মানুহ, মুক্তি পোৱাৰ পাছত যদি ঘৰলৈ নাহে তেতিয়া কি হব! এইদৰে মনতে ভাবিয়ে ম‍ই খবৰটো দিয়াৰ কাৰণে নিষেধ কৰিছিলো।

আপুনি মৰাৰ যি খবৰ ওলাইছিল ইয়াৰ অন্তৰালৰ ৰহস্য কি? মই সেমেনা-সেমেনি কৰি সুধিলো।

খবৰটো আচলতে মিছা নাছিলপৰেশ চৌধুৰীয়ে কথাটো স্পষ্ট কৰিবলৈ ক'লে- আচলতে সিদিনা মই দলৰ লগত নাছিলো৷ মোৰ একে নামৰ আন এজন সদস্য সিদিনা পুলিচৰ গুলীত নিহত হৈছিল

এইদৰে সুখ-দুখৰ কথা-বতৰাৰ মাজতে মই সুধিলো- ধুমকেতুৰ দৰে ওলাই পুনৰ মাৰ যোৱাৰ আশা লৈ আহিছে, নে একেবাৰে থাকি যোৱাৰ আশালৈ আহিছে?

নাই নাই, একেবাৰে থকাৰ কাৰণেই আহিছো। পুনৰ সংগঠনলৈ যোৱাৰ ইচ্ছা নাই। পৰেশ চৌধুৰীয়ে দৃঢ়কণ্ঠত কলে।

এইদৰে হঠাৎ সংগঠন ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ আঁৰৰ ৰহস্য কি?

পৰেশ চৌধুৰীয়ে কোনো ধৰণৰ ভুমিকা নকৰাকৈ ক'লে- উদ্দেশ্য একো নাই। এয়া মোৰ ব্যক্তিগত সিদ্ধান্ত। বহুদিন সংগঠনৰ লগত জড়িত হৈ থাকি এষাৰ কথা উপলব্ধি কৰিব পাৰিছো যে, সন্ত্ৰাসৰ জৰিয়তে কোনো সমস্যা সমাধান কৰা সম্ভৱ নহয়। সেয়ে সংগঠন ত্যাগ কৰাৰ সিদ্ধান্ত লৈছো ।

জেলৰ পৰা ওলাই পোনে পোনে ইয়ালৈ আহিছে, নে ঘৰলৈ গৈছিল ? মই অবান্তৰ প্ৰশ্ন এটা হঠাৎ সুধি পেলালো।

পৰেশ চৌধুৰী মোৰ প্ৰশ্নত কিছু বিব্রতবোধ কৰিলে। তেওঁ সেমেনা-সেমেনি কৰি ক'লে- ঘৰলৈ যাব লাগিছিল যদিও ঘৰলৈ যোৱাৰ আগতে ইয়ালৈকে আহিছো ।

মই ঠাট্টাৰ সুৰত ক'লো- তাৰ মানে আপুনি বাইদেৱক পাহৰিব পৰা নাই!

মই কথাটো লঘুভাবে সুধিলেও পৰেশ চৌধুৰী ছিৰিয়াছ হৈ উঠিল। ক'লে- এনে কিছুমান কথা আছে, যাক পাহৰিব খুজিলেও পাহৰিব পৰা নাযায়। এইদৰে কৈ চৌধুৰীয়ে হুমুনিয়াহ কাঢ়ি কলে- কাইলৈ ঘৰলৈ যাব লাগিব। ঘৰখন আছে, নে নাই সেয়া অৱশ্যে নাজানো!

এতিয়া আপুনি কি কৰিব বুলি ভাবিছে?

যিটো ম‍ই আগতেই কৰিব লাগিছিল সেয়াই কৰিম বুলি ভাবিছো। চৌধুৰীয়ে মুখস্থ মাতাৰ দৰে ক'লে ৷

অর্থাৎ?

অর্থাৎ! চৌধুৰীয়ে ক'লে- মই এতিয়া ঘৰ-সংসাৰ কৰাৰ কথা ভাবিছো । কাৰণ এতিয়াহে উপলব্ধি কৰিব পাৰিছো, সংসাৰ ধৰ্মতকৈ উত্তম ধর্ম একো নাই। এতিয়া মানুহৰ মাজত থাকিয়ে মানুহৰ কল্যাণৰ কাৰণে কৰিবপৰা খিনি কৰি যাম বুলি ভাবিছো ।

আমাৰ কথাৰ মাজতে প্রমীলা বাইদেৱে চাহ লৈ আহিল৷ চাহ খোৱাৰ পাছত চৌধুৰীৰ পৰা বিদায় লৈ ঘৰলৈ বুলি ৰাওণা হ'লো৷ প্ৰমীলা বাইদেউ অনিতাহঁতৰ ঘৰতে থাকি গ'ল।

                          ওঠৰ

 

পাছদিনা ৰাতিপুৱা প্ৰমীলা বাইদেউ আহিল ।

মই কিবা সোধাৰ আগতেই তাই কৈফিয়তৰ সুৰত ক'লে- কালিয়ে আহিব লাগিছিল যদিও আহিলে বেয়া দেখি কাৰণে অহা নহ'ল৷ ভাত-তৰকাৰী পঠাইছিলো দুজনৰ কাৰণে, আঁটিছিলতো ?

আঁটিছিল মানে, খোৱাৰ পাছত যিখিনি ৰৈ আছে আজিও ভাত ৰন্ধাৰ প্ৰয়োজন নহ'ব। সেইখিনিৰে আমাৰ আজিৰ সাজ হৈ যাব। ম‍ই ঠাট্টাৰ সুৰত ক'লো ৷

বেছি হৈছে যদি অসুবিধা নাই। ৰৈ থকা খিনি ময়ে খাম বাৰু৷ এইদৰে কৈ প্ৰমীলা বাইদেৱে ক'লে- তেওঁৰ লগত দেখা কৰিবলৈ নোযোৱা নেকি ? তেওঁ নিজেই আহিব খুজিছিল। কিন্তু মানুহৰ লানি লাগি আছে কাৰণে আহিব নোৱৰিলে ৷ বহুতে আজিও দেখা কৰিবলৈ আহি আছে।

অঞ্চলটোৰ এজন জনপ্রিয় ব্যক্তি। তদুপৰি আটায়ে তেওঁ মৰিছে বুলি জানিছিল । মই হাঁহি মাৰি ক'লো- মৰা মানুহ এজন কেনেকৈ জী উঠিল স্বচক্ষে নেদেখিলে কেনেকৈ হ'ব! বাইদেউ, আপোনাৰ লগত কথা পাতিছে নেকি, নে লোকৰ লগত কথা পাতিয়ে সময় পাৰ কৰি আছে?

প্রমীলা বাইেদেৱে লাজ মিহলি কণ্ঠত কলে- কিনো কথা ক', মোৰ লগত কথা কোৱাৰ সাহস তেওঁৰ আছে জানো?

অৱশ্যে নাই। মই ক'লো উপদেশৰ সুৰত- তথাপি ঘৰৰ মানুহ ঘৰলৈ উভতি আহিছে যেতিয়া আপুনিয়ে উপযাচি কথা পতাৰ কাৰণে চেষ্টা কৰিব। কালি কথা পাতি যি বুজিলো মানুহজন সঁচাকৈয়ে অনুতপ্ত। তেওঁৰনো আৰু আছে কোন আপোনাৰ বাহিৰে ?

আপুনি এপাক গৈ দেখা কৰি আহক ৷ মই ইতিমধ্যে ভাত-পানী ৰেডি কৰোগৈ ।

আচলতে মোৰ পৰেশ চৌধুৰীৰ লগত দেখা কৰাৰ কোনো উৎসাহ নাছিল। অনিতাৰ লগতহে দেখা কৰাৰ কাৰণেহে মনটো উচ্‌পিচাই আছিল। সেয়ে মই হঠাৎ সুধি পেলালো- অনিতা আছে, নে গ'? তাই আজিয়ে যাব বুলি কালি মোক কৈছিল।

নাই নাই, এতিয়ালৈকে যোৱা নাই। আঠ বজাৰ পাছত যাব।

যিকোনো প্ৰকাৰে তাইক মোৰ মনৰ কথা খুলি ক'ম বুলি মনে মনে সিদ্ধান্ত লৈ গাত চোলা জাপি মই অনিতাহঁতৰ ঘৰলৈ বুলি ওলালো।

কালিৰ দৰেই আজিও অনিতাহঁতৰ চোতালত মানুহৰ ভিৰ। অহাই আহিছে, যোৱাই গৈছে। মুঠ কথা লানি নিছিগা মানুহৰ সোঁত বৈ আছে। মই পৰেশ চৌধুৰীৰ কাষত বহিলো। মই চৌধুৰীৰ লগত কথা পাতিছো ঠিকেই; কিন্তু কি কথা পাতিছো সেয়া মই নিজেই নাজানো ৷ কাৰণ তেতিয়া মোৰ এটাই মাথোন চিন্তা কেতিয়া অনিতাক মোৰ মনৰ কথা খুলি ক'ব পাৰিম। সেয়ে কিছু সময় কথা পতাৰ পাছতে ম‍ই অধৈৰ্য হৈ কলো- অনিতাক দেখোন দেখা নাই! তাই গ'লেই নেকি ?

নাই নাই, এতিয়ালৈকে যোৱা নাই। ৰেডি হৈ আছে হয়তো! পৰেশ চৌধুৰীয়ে অন্যমনস্কভাবে কলে।

মই স্থান-কাল-পাত্ৰৰ কথা পাহৰি ক'লো- বাৰু, আপুনি বহক, ম‍ই অনিতাক লগ কৰি আহোগৈ । এইদেৰে কৈ মই বহাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ সোমাই গ'লো ।

অনিতা ঘৰৰ ভিতৰতে আছিলতাই কাপোৰ-কানি পিন্ধি যোৱাৰ কাৰণে সাজু হৈ আছিল ।

মোক দেখি তাই কলে- ভাবিছিলো, আজিও আপোনাৰ লগত দেখা নহ'ব। আহিছে যেতিয়া ভালেই হ'ল। সিবাৰ যাওঁতে দেখা কৰি যাবপৰা নাছিলো, এইবাৰো দেখা কৰি নগ'লে আপুনি মোক বেয়াই পালেহেঁতেন !

অৱশ্যেই পালোহেঁতেন। মই অভিমানৰ সুৰত কথাষাৰ কৈ সুধিলো- এতিয়াই যাবা নেকি?

হয়, যামেই আৰু। অনিতাই ক'লে- নাৰায়ণ বজাৰৰ পৰা আহিলেই যামহি। সি বিস্কুট আনিবলৈ বজাৰলৈ গৈছে। মানুহ-দুনুহ আহি আছে। চাহ এটুপি নিদিলে হয় জানো!

অৱশ্যে! মই অন্যমনস্কভাবে কলো।

আপুনি চিঠিপত্র দি থাকিব। নাৰায়ণৰ খা-খবৰ লৈ থাকিব। সিয়ে আমাৰ একমাত্ৰ ভৰসা । সি মানুহ হ'ব পাৰিলেহে মাৰ দুখ আঁতৰ হ'ব।

খোৱা-বোৱাতো চৰকাৰৰ পৰাই যোগান ধৰি আছে। হাত খৰচৰ কাৰণে অসুবিধা হোৱা নাইতো? ম‍ই সুধিলো।

নাই নাই, একো অসুবিধা হোৱা নাই। কৃষাণুদাই মাহে মাহে টকা দি আছে। দুবাৰমান গৈ দেখাও কৰিছেসিহঁতে আমাৰ কাৰণে বহু কৰিছে। এই ঋণ মই এই জীৱনত শোধ কৰিব নোৱাৰিম ৷ তাই প্ৰসংগ সলনি কৰি ক'লে- নাৰায়ণক কিন্তু আপুনি শাসনত ৰাখিব ৷

আজি-কালি তাক শাসন কৰাৰ প্ৰয়োজনে নাই। মই ক'লো- সি আজি-কালি পঢ়া-শুনাত খুবেই মনযোগ দিছে। এইবাৰ সি ক্লাছত ফাৰ্ষ্ট হ'ব পাৰিব হয়তো। মই আচল প্ৰসংগলৈ আহিলো- আপোনাৰ লগত মোৰ বিশেষ কথা আছে। আজি নক'লে হয়তো আৰু কোনোদিন কোৱাই নহ'ব ।

কওঁকচোন কি কথা !

মানে কথাটো কেনেকৈ কওঁ তাকেহে ভাবিছোকথা মানে... ম‍ই কথাটো ক'বলৈ মুখ মেলোঁতেই সুলতা চৌধুৰী ঘৰৰ ভিতৰলৈ সোমাই আহিল ৷

মাকক দেখি অনিতা ব্যস্ত হৈ উঠিল। ঘড়ীটোলৈ চাই ক'লে- এয়া আঠ বাজিলেই। আমি দহ বজাত মন্দিয়া গৈ পাব লাগিব। এইদৰে কৈ তাই মাকক উদ্দেশ্য কৰি সুধিলে- নাৰায়ণ আহিল নেকি, মা ?

সি আহি চাহ খাই আছে। তই বেগ লৈ ওলা

অনিতাই ব্যস্তভাবে ক'লে- আজি আৰু আপোনাৰ কথা শুনাৰ সময় নহ'ব। পাছত এদিন শুনিব বাৰু। এইদৰে কৈ অনিতা বেগ লৈ ওলাল ।

ময়ো অনিতাৰ পিছে পিছে ওলাই আহিলো।

আজিও মনৰ কথা কোৱা নহল। অনিতা নাৰায়ণৰ লগত মন্দিয়া অভিমুখে ৰাওণা হৈ গল।

 

                     বিছ

অনিতাক ৰাস্তালৈকে আগবঢ়াই থৈ মই ভাৰাক্ৰান্ত মনেৰে ঘৰৰ ফালে খোজ ললো।

পৰেশ চৌধুৰীৰ মাটি-ভেটি কিছু আছিল যদিও ভেটিত ঘৰ বুলিবলৈ একো নাছিল। ঘাঁহ-বনেৰে ভৰি আছিল ভেটিটো। পৰেশ চৌধুৰীয়ে মূৰৰ ঘাম মাটিত পেলাই ভেটিটো চাফা কৰিলে। প্রমীলা বাইদেৱেও এই কামত পাৰেমানে তেওঁক সহায়ৰ হাত আগবঢ়ালে। দুই তিনিদিন পৰিশ্ৰম কৰাৰ পাছত ভেটিটো চাফা হ'ল। ৰাইজে দান-বৰঙণি তুলি ঘৰ বান্ধি দিলে। এসপ্তাহমান পাছত প্রমীলা বাইদেউ নিজৰ সংসাৰ চম্ভালিবলৈ গ'ল। প্রমীলা বাইদেৱে নতুন জীৱন পালে। পৰেশ চৌধুৰী সকলো ধান্দা এৰি খেতি-বাতিত মনযোগ দিলে প্রমীলা বাইদেৱে পাৰেমানে চৌধুৰীৰ এই কামত সহায় কৰিবলৈ ধৰিলে। সংসাৰৰ প্ৰতি উদাসীন মানুহজন হঠাৎ সাংসাৰিক হৈ পৰাত গাঁৱৰ মানুহেও ধন-ধান দি তেওঁক সহায়-সহযোগিতা আগবঢ়ালে। ফলত কিছুদিনৰ ভিতৰতে পৰেশ চৌধুৰীৰ সংসাৰখন ঠন্ ধৰি উঠিল।

প্রমীলা বাইদেউ যোৱাৰ দুদিনমান পাছত কৃষাণু চৌধুৰী আহি মাকক গুৱাহাটীলৈ লৈ গ'ফলত মই একেবাৰে অকলশৰীয়া হৈ পৰিলো ৷ ৰন্ধা-বঢ়াৰপৰা আৰম্ভ কৰি সকলো কাম ময়ে কৰিব লগা হ'ল। অৱশ্যে এই কামত বিশেষ অসুবিধা নহ'ল। মেছত থাকোঁতে ৰন্ধা- বঢ়া কৰাৰ অভ্যাস মোৰ আছিলেই। মাজতে গৌৰাংগ এদিন মোৰ খবৰ ল'বলৈ আহিল৷

সি ক'লে- তই এতিয়া কি কৰিবি? এনেকৈ অকলে ৰন্ধা-বঢ়া কৰি খাব পাৰিবি জানো? তোক নহ'লে অনিতাহঁতৰ তাতে থকা-খোৱাৰ ব্যৱস্থা কৰি দি যাও, নে কি কোৱা ?

কথাটো মোৰ বেয়া নালাগিল যদিও গৌৰাংগহঁতৰ ভেটিটোৰ কথা ভাবি ম‍ই চিন্তিত হৈ পৰিলো । কাৰণ গৌৰাংগহঁতৰ ভেটিটো নানা গছ-গছনিৰে ঠাহ আছিল। মানুহ নাথাকিলে ভেটিটো এৰাবাৰীত পৰিণত হোৱাৰ লগতে মানুহে গছ-গছনি কাটি তহিলং কৰিব। সেয়ে মই গীৰাংগৰ প্ৰস্তাৱ পোনছাতেই নাকচ কৰি ক'লো- দেখাই যকচোন কি হয়! যদি অসুবিধা হয় মই নিজেই কিবা এটা ব্যৱস্থা কৰিম বাৰু। তই এই বিষয়ে চিন্তা কৰিব নালাগে। দুই চাৰিজনে মোক ইতিমধ্যেই তেওঁলোকৰ ঘৰত থকাৰ কাৰণে কৈয়ে আছে।

বাৰু, তই যি ভাল দেখ তাকে কৰ। এইদৰে কৈ গৌৰাংগই সংশয় প্রকাশ কৰি ক'লে- তই অকলে থাকিব পাৰিবি জানো? দিনটো যেনেতেনে পাৰ হ'লেও ৰাতি অসুবিধা হ'ব পাৰে!

ৰবিনছন ক্ৰুছুই দেখোন অকলে এখন নির্জন দ্বীপত আঠাইছ বছৰ দুমাহ উনৈছ দিন কটাইছিল, মই কেইটামান দিন থাকিব নোৱাৰিম নেকি ?

তাৰ লগত ফ্রাইডে আছিল।

মোৰ লগত ওচৰ-চুবুৰীয়া আছে। লাগিলে ফ্রাইডেৰ দৰে নাৰায়ণক মোৰ লগত ৰাখিম৷

গৌৰাংগই সংশয় প্রকাশ কৰি ক'লে- পেহী দেখোন তেতিয়া অকলে থাকিব লাগিব! তাই সন্মত হব জানো ?

তই অৱশ্যে কথাটো মিছা কোৱা নাই। কেইদিনমান অকলেই থাকি চাওঁচোন। অসুবিধা হ'লে মই নিজেই গৈ সিহঁতৰ লগত থাকিম।

পাছদিনা গৌৰাংগ গুচি গ'ল। মই অকলেই থকাৰ সিদ্ধান্ত লৈ থাকি গ'লো। বন্ধা-বঢ়া-খোৱা আৰু স্কুল। ইয়াৰ বাহিৰে মোৰ বেলেগ কাম নাই। স্কুলৰ পৰা আহি অলসভাবে বহি সময় পাৰ কৰো। সেয়ে টিউচন পঢ়ুৱাৰ সিদ্ধান্ত ল'লো৷ আগৰ পৰাই বহুতে টিউচন পঢ়ুৱাৰ কাৰণে লাগি আছিল । সেয়ে কথাটো কোৱাৰ লগে লগে ছয় সাতজনমান ছাত্ৰ হৈ গ'ল ৷ গতিকে আবেলিৰ নিৰস সময়বোৰ সৰস হৈ উঠিল । আগতে নাৰায়ণক সিহঁতৰ ঘৰলৈ গৈ পঢ়ুৱাইছিলো সিও মোৰ ওচৰলৈ অহা হ'ল।

ইফালে নবৌয়ে বিয়াৰ বাবে তাগিদা দি চিঠি পঠাবলৈ ধৰিলে। গতিকে ঘৰলৈ যাবলৈও ভৰসা নোপোৱা হ'লো ৷ ঘৰলৈ গ'লেই কিজানি বিয়া কৰাব লাগে! কাৰণ মা'ই জোৰকৈ ধৰিলে তেতিয়া নাবোলাটো সম্ভৱ নহ'বও পাৰে। সেয়ে অনিতাৰ মতামত নজনালৈকে ঘৰলৈ নাযাওঁ বুলি মনে মনে সিদ্ধান্ত ল'লো। কিন্তু অনিতাৰ মতামত জনাৰো উপায় নাই। কাৰণ তাইলৈ চিঠি পঠোৱাৰ সুবিধা নাই। কাৰণ তাইৰ ঠিকনা মই নাজানো৷ কাৰোবাক সুধিলে অৱশ্যে ঠিকনা সংগ্ৰহ কৰিব পাৰিলোহেঁতেন; কিন্তু ভৰসা নাপালো। ঠিকনা বিচাৰিলে কোনে বা আকৌ কি ভাবে! সেয়ে অনিতাৰ চিঠিৰ কাৰণেই অপেক্ষা কৰিবলৈ ধৰিলো।

দুমাহমান পাছত অনিতাৰ পৰা এখন চিঠি পালো ।

কুশল বাতৰি জনোৱাৰ পাছত চিঠিখন লিখাত পলম হোৱা বাবে তাই ক্ষমা খুজিছে। ঘৰৰ কাৰণে মনটো বেয়া লাগি থাকে বুলিও লিখিছে। নাৰায়ণে পঢ়া-শুনা ঠিকমতে কৰি আছে, নে নাই সেই বিষয়ে লিখিছে। তাইৰ ক্লাছপাতি ভালদৰেই চলি আছে। এমাহমান পাছত পূজাৰ বন্ধ পাব। তেতিয়া তাই ঘৰলৈ আহিবএইদৰে গতানুগতিক এখন চিঠি। চিঠিখন পাই উৎফুল্লিত হৈ উঠিছিলো যদিও চিঠিখন পঢ়ি বিমৰ্ষ হৈ পৰিলো ।

মোৰ এমাহ অপেক্ষা কৰাৰ ধৈৰ্য নাই। সেয়ে মই মোৰ ভালপোৱাৰ কথা জনাই অনিতালৈ চিঠি লিখাৰ সিদ্ধান্ত ল'লো। চিঠিখন লিখাও হ'ল। নাৰায়ণক সুধি ঠিকনাও যোগাৰ কৰিলো ৷

লেফাফাৰ ওপৰত ঠিকনা লিখাৰ সময়ত সুলতা চৌধুৰী কোঠালিৰ ভিতৰলৈ সোমাই আহিল। মই বাঘবৰলৈ অহাৰ পাছত বোধকৰো প্রথম তাই গৌৰাংগহঁতৰ ঘৰলৈ আহিল। সেয়ে মই লেফাফাটো একাষৰীয়া কৰি থৈ বহাৰ পৰা উঠি থিয় হৈ সুধিলো- আপুনি এনেকৈ হঠাৎ! কিবা সকাম আছে নেকি?

সুলতা চৌধুৰীয়ে চকীত বহি ক'লে- সকাম বিশেষ একো নহয়। এটা সুখবৰ দিয়াৰ কাৰণে আহিলো। অনিতাৰ বিয়া। অহা বুধবাৰে আঙুঠি পিন্ধোৱাৰ দিন ধাৰ্য কৰা হ'ব।

অনিতাৰ বিয়া। মই যেন আকাশৰ পৰা ধৰাত পতিত হ'লো ৷ মই নিজক চম্ভালি সেপ ঢুকি সুধিলো- কাৰ লগত ?

'ৰাজনৰ নাম পৰিমল। জাগীৰোডত ঘৰ। ফাৰ্মাচিষ্ট। চৰকাৰী চাকৰি কৰে ৷

ইয়াৰ পাছত সুলতা চৌধুৰীয়ে ল'ৰাজনৰ লগত কেনেকৈ পৰিচয় হল সেই বিষয়ে কৈ গ'ল। তাইৰ কথাৰ সাৰমৰ্ম আছিল এনেকুৱা-

পৰিমলৰ দেউতাক আৰু কৃষাণু একেখন অফিচত চাকৰি কৰে। এসপ্তাহমান আগত পৰিমলৰ দেউতাক কৃষাণুহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷ তেতিয়াই অনিতাক দেখি পছন্দ হয় আৰু বিয়াৰ প্ৰস্তাৱ দিয়ে। চাকৰি কৰা ল'ৰা। তদুপৰি মানুহ ঘৰো ভাল । সেয়ে কৃষাণুই বিশেষ নভবা-নিচিন্তাকৈ অনিতাৰ মতামত লৈ বিয়াৰ বাবে সন্মতি দিছে। ল'ৰাজনেও অনিতাক চাই গৈছে। তাৰো পছন্দ হৈছে। অনিতাৰো পছন্দ হৈছে ল'ৰাজনক। এতিয়া সুলতা চৌধুৰী গৈ আঙুঠি পিন্ধোৱাৰ দিন ধাৰ্য কৰিব ।

মোৰ হৃদয়খন হাহাকাৰ কৰি উঠিল। ম‍ই যেন শূন্যত উপঙি ফুৰিবলৈ ধৰিলো। হৃদয়খন যেন ভাঙি চৌচিৰ হৈ যাবলৈ ধৰিলে। ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখা পালো । ভাবিলো, বিয়াখন যেহেতু সম্পন্ন হোৱা নাই এতিয়াও সময় আছে। মোৰ ফালৰপৰা প্ৰস্তাৱ আগবঢ়ালে হয়তো সিন্ধান্ত সলনি কৰিবও পাৰে! কিন্তু পাছমুহূৰ্ততে মই সজাগ হৈ উঠিলো। মোৰ প্ৰস্তাৱ যদি প্রত্যাখান কৰে। কাৰণ নমিতাই নিজেও হেনো মত দিছে এই বিয়াত ! পৰিমল চাকৰি কৰা ল'ৰা আৰু মই ভেঞ্চাৰ স্কুলৰ শিক্ষক ! গতিকে প্রত্যাখান কৰাটো তেনেই স্বাভাৱিককাৰণ নাৰী প্ৰেমৰ ক্ষেত্ৰত বিশেষ সচেতন নহ'লেও বিয়াৰ ক্ষেত্ৰত কিন্তু খুবেই সচেতন। সদায় আর্থিক নিৰাপত্তা বিচাৰে ৷

পৰিমলৰ চৰকাৰী চাকৰি আছে। ফলত আর্থিক নিৰাপত্তা আছে! তদুপৰি জন্ম-মৃত্যু-বিয়া এই তিনিত মানুহৰ হাত নাই। বিধাতাৰ নিৰ্দ্দেশত সম্পন্ন হয়। বিধাতাৰ ইচ্ছাত বিধি-পথালি দিয়াৰ সাধ্য কাৰো নাই। তদুপৰি যি মোৰ নহয় তাৰ কাৰণে ভাবি লাভ নাই

সুলতা চৌধুৰীয়ে ক'লে- অনিতাই গৌৰাংগ আৰু তোমাক যাবলৈ কৈ পঠাইছে।

মই নিৰ্বিকাৰভাবে কলো- যাব পাৰিলে ভালেই পালোহেঁতেন। কিন্তু উপায় নাই। স্কুল ক্ষতি কৰা সম্ভৱ নহ'ব। গৌৰাংগক লৈ যাওঁকগৈ। সি গ'লেই হ'ব। লাগিলে মই বিয়াৰ সময়ত যামহি।

অনিতাই কিন্তু খুবেই বেয়া পাব। সুলতা চৌধুৰীয়ে ঘটনাৰ গুৰুত্ব বুজাই ক'লে।

তাইক বেয়া পাবলৈ মানা কৰিবমই ক'লো- লাগিলে মই মোৰ অসুবিধাৰ কথা লিখি চিঠি এখন আপোনাৰ হাতত পঠাই দিমহি।

বাৰে বাৰে অনুৰোধ কৰি বিফল হৈ সুলতা চৌধুৰী গুচি গ'

মই সুলতা চোধুৰীৰ পিছে পিছে কোঠালিৰ পৰা ওলাই আহিলো। ঠিক তেতিয়াই প্রমীলা বাইদেউ নঙলা ঠেলি ভিতৰলৈ সোমাই আহিল। তাইৰ কপালত টিকটিকীয়া সেন্দুৰৰ ফোঁট। মোক দেখি ফোঁটটো যেন উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ মোক বিদ্রূপ কৰিবলৈ ধৰিলেমই স্মৃতিৰ সুৰুঙাৰে প্ৰমীলা বাইদেউৰ কিছুদিন আগৰ সেই উকা কপালখনলৈ জুমি চালো।

                         অন্ত

45


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)