ৰাহুল আৰু সিহঁত দুজন(শিশু সাহিত্য)

 

    


ৰাহুল আৰু সিহঁত দুজন(শিশু সাহিত্য)

      সূচীপত্র

গৰুৰ নেজত ধৰি ব্ৰহ্মপুত্ৰত এপাক

চড়ক খেলা-

ৰাহুলৰ চহৰ ভ্ৰমণ-

যাদু খেল দর্শন-

চোৰ-পুলিচ খেল-

ৰাহুলৰ অশ্বাৰোহণ-

ধান-খেৰৰ পুঁজিত দিবা যাপন-

ভেড়া-যুঁজ-

কল চুৰি-

উপসহাৰ-

 

            প্ৰস্তাৱনা

বিদ্যালয়পৰা আহি ৰাহুলে মাকক চোতালত থিয় দি থকা দেখি পাঠ্যপুথিখন দলিয়াই দি দৌৰি আহি মাকক সাৱটি ধৰি ক'লে- মা, ভাত দে। বৰ ভোক লাগিছে।

মাকে পাঠ্যপুথিখন বুটলিলৈ ধুলি-মাকতিবোৰ জাৰি-জোকাৰি ক'লে- যা, বাল্টিত পানী দিয়া আছে, আগতে হাত-মুখ ধুই আহগৈ যা। ৰাহুলে প্রতিবাদ কৰি ক'লে- নাই নাই, হাত-মুখ নুধোও। আগতে ভাত দিয়া। বৰ ভোক লাগিছে। এইদৰে কৈ ৰাহুলে মাকৰ দুই উৰুৰ মাজত মূৰ গুজি ঠেলিবলৈ ধৰিলে।

মাকে ৰাহুলক কোলাত লৈ ক'লে- হাত-মুখ নুধোৱাকৈ খাব নালাগে নহয়। খালে বেমাৰ হয়। বল, ময়ে ধুৱাই দিওঁগৈ।

মাকে বাহুলক লৈ নাদৰ পাৰলৈ আহিল আৰু ৰাহুলৰ হাত-মুখ ধোৱাই পুনৰ কোলাতলৈ পাক ঘৰলৈ আহিল। বাহুল কোলাৰপৰা পিছলি নামি পীৰা এখনত বহি পৰিল।

মাকে ভাত বাঢ়ি ৰাহুলৰ ফালে আগবঢ়াই সুধিলে- আজি কি পঢ়িলি?

অ-আ । ৰাহুলে ভাত এগৰাহ মুখত ভৰাই ক'লে।

কেইদিনমানৰপৰাহে ৰাহুল বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছে। বিদ্যালয়খন সিহঁতৰ ঘৰৰপৰা নাতিদূৰত। মাথোন পোৱা কিলোমিটাৰমান আঁতৰত। কেই বছৰমান আগলৈকো সিহঁতৰ গাঁৱত কোনো বিদ্যালয় নাছিল। পোন্ধৰ বছৰমান আগত গাঁৱৰ ৰাইজ লগলাগি বিদ্যালয়খন স্থাপন কৰিছে। বিদ্যালয়খন স্থাপন হোৱাৰ আগত গাঁৱৰ ল'ৰা-ছোৱালীবিলাক কাষৰ গাঁৱৰ বিদ্যালয় এখনত পঢ়িবলৈ গৈছিল। ফলত ইচ্ছা থকা সত্ত্বেও বহুতো ল'ৰা-ছোৱালী শিক্ষাৰপৰা বঞ্চিত হৈছিল। বিদ্যালয়খন স্থাপন হোৱাৰ পাছৰপৰা গাঁৱখনত শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণৰ সৃষ্টি হৈছে। গাঁৱখনৰ প্ৰায়বোৰ মানুহ নিজৰ নিজৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে।

ৰাহুলহঁতৰ গাঁৱখন এখন নৈপৰীয়া গাঁও। গাঁৱৰ প্ৰায়বোৰ মানুহ অশিক্ষিত। আর্থিক অৱস্থাও ভাল নহয়। আগতে অৱশ্যে গাঁৱৰ মানুহৰ অৱস্থা বেয়া নাছিল। ধৰিলে। পখিলাটোৰ ছট্‌ফটনি দেখি ৰাহুল উকলিকৃত হৈ উঠিল।

দিলুই আৰু দুটামান পখিলা ধৰিলে। সিহঁতৰ স্ফূৰ্তি চায় কোনে! ইমান দিন বাদে বৰষুণে ঘূৰি কাচিৎহে দুই পখিলা ধৰিব পাৰিছিল। এতিয়া মন গ'লে শ শ পখিলা ধৰিব পাৰিব। মাথোন সিহঁতৰ বাবেই নহয়, লগ-সমনীয়াকো দুই চাৰিটা দিব পাৰিব।

পখিলা খেদি খেদি সিহঁত শিমলু এজোপাৰ তল পালেহি। সিহঁতক শিমলু জোপাৰ তলত দেখি ববিতা উৎকণ্ঠিত হৈ উঠিল। তাই মাকক মাতি ক'লে- মা, চোৱাহিচোন, বাহুল আজিও শিমলুজোপাৰ তললৈ গৈছে।

মাকে পাক ঘৰত ৰন্ধা-বঢ়াত ব্যস্ত হৈ আছিল। শিমলুজোপাৰ কথা শুনি তাই ব্যস্ত হৈ উঠিল। শিমলুজোপাত চাৰি পাঁচটা মৌবাহ আছে। কিছুদিন আগতে ৰাহুলে মৌবাহত ফটি মাৰিছিল। ফলত তাক বৰলে বিন্ধিছিল। জুই ধৰি, কম্বল জাপি তাই সিদিনা কোনোমতেহে ৰাহুলক বৰলৰ কবলৰপৰা ৰক্ষা কৰিছিল। সেয়ে সিদিনাৰপৰা ৰাহুলক শিমলুজোপাৰ তললৈ যাবলৈ নিষেধ কৰি দিছে। নিষেধ অমান্য কৰি পুনৰ শিমলুজোপাৰ তললৈ যোৱা কথা শুনি তাই ব্যস্ত ভাবে পাক ঘৰৰপৰা ওলাই আহিল।

ৰাহুল আৰু দিলুক শিমলুজোপাৰ তলত ৰৈ থকা দেখি তাই অভিযোগৰ সুৰত ক'লে- ৰাহুল, তোক মই শিমলুজোপাৰ তললৈ যাবলৈ নিষেধ কৰা নাছিলোনে? পুনৰ তালৈ গৈছ কিয় ?

পখিলা ধৰাৰ আনন্দত ৰাহুল উৎফুল্লিত হৈ আছিল। সেয়ে সি মাকৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদি মাকক পখিলাকেইটা দেখুৱাই ক'লে- চোৱাচোন মা, আজি কিমান পখিলা ধৰিলো। আজি এটা পখিলাও সাৰি যাৰপৰা নাই।

মাক ব্যস্ত ভাবে শিমলুজোপাৰ তললৈ আহিল। ববিতাও আহিল তাইৰ পিছে পিছে।

মাক আৰু ববিতাক দেখি বাহুল অধিক উচ্ছ্বসিত হৈ উঠিল। সি পখিলাকেইটা দেখুৱাই উৎসাহেৰে ক'লে- এয়া চোৱা, বহুকেইটা পখিলা ধৰিছো।

মাকে ক্ৰযোৰ কোঁচাই পখিলাকেইটালৈ চালে।

ৰাহুলৰ হাতত চাৰি পাঁচটা পখিলা। দুটামান মৰি গৈছে। জীয়াই থকাকেইটাও লেতু-সেতু হৈ পৰিছে।

পখিলাকেইটাৰ দুৰৱস্থা দেখি মাক বিচলিত হৈ উঠিল আৰু তাইৰ চকু-মুখত বিৰক্তিৰ ৰেখা ফুটি উঠিল। তাই অভিযোগৰ সুৰত ক'লে- এই পখিলাবোৰ এনেকৈ ধৰিছা কিয় ? এইবোৰ নিৰীহ প্রাণী। এইবোৰে ফুলে ফুলে উৰি পৰাগ সংযোগ ঘটাই ফুলক ফললৈ ৰূপান্তৰ হোৱাত সহায় কৰে। এইবোৰক এনেকৈ ধৰিব নাপায় নহয় ! এইবোৰ চাই থাকিবলৈহে ভাল। ইহঁতৰ গা লাহী আৰু লেহুকা। হাতেৰে চুলেই সৌন্দৰ্য নষ্ট হৈ যায়। চাচোন, তোৰ হাতৰ স্পৰ্শত ইহঁতৰ ৰংবোৰ কেনেকৈ উৱলি গৈছে। পখিলাবোৰো লেতু-সেতুহৈ পৰিছে। যি কেইটা ধৰিছা, ধৰিছাই আৰু নধৰিবা। জীয়াই থকাকেইটা এৰি দিয়া

মাকৰ কথাত ৰাহুলৰ উৎসাহত যেন চেঁচা পানী পৰিল। তার প্রদীপ্ত মুখমণ্ডল ম্লান পৰি গ'ল। অনচ্ছিাসত্ত্বেও সি মাকৰ নিৰ্দেশ মতে পখিলাকেইটা এৰি দিলে।

পখিলাকেইটা মুক্তিৰ আনন্দত পাক্‌ ঘূৰণি খাই উৰি গুচি গ'ল। ৰাহুল বিষণ্ণ দৃষ্টিত অপ্রস্তুতভাবে পখিলাকেইটাৰ ফালে চাই থাকিল।

দিলু অলপ আঁতৰতে ৰৈ ৰাহুলহঁতৰ কথা-বতৰা শুনি আছিল। ৰাহুলে পখিলাকেইটা এৰি দিয়া দেখি সি অপ্রস্তুতভাবে চুচুক-চামাককৈ তাৰপৰা আঁতৰি যাবলৈ ধৰিলে।

ৰাহুলৰ মাকে দিলুক উদ্দেশ্য কৰি ক'লে- এনেকৈ পুনৰ পখিলা নধৰিবা আৰু জালখন পেলাই দিবা।

ৰাহুলৰ মাকে কোৱা কথাবোৰ শুনিও নুশুনাৰ ভাও জুৰি দিলু চুচুক-চামাককৈ তাৰপৰা আঁতৰি গ'ল।

পখিলাকেইটা হেৰুৱাৰ বেদনাত ম্রিয়মান হৈ মাক আৰু ববিতাৰ পিছে পিছে ৰাহুল ঘৰলৈ আহিল।*

 

       গৰুৰ নেজত ধৰি ব্ৰহ্মপুত্ৰত এপাক

দুদিনমান পাছৰ কথা। সিদিনা ৰাহুল স্কুললৈ নাযায় বুলি ঠেহ পাতিলে।

পাঠ মুখস্থ নহ'লে নানা অজুহাত দেখুৱাই বহুতো ল'ৰা-ছোৱালী স্কুললৈ নোযোৱাকৈ থকাৰ অভিজ্ঞতা ৰাহুলৰ মাকৰ আছে। কাৰণ স্কুলীয়া জীৱনত তায়ো এনেকুৱা অজুহাতৰ আশ্ৰয় লৈছিল। তাই প্ৰাইমাৰী পাছ। লেখা-পঢ়াৰ প্ৰতি ধাউতিও আছিল। কিন্তু তেতিয়াৰ সমাজ ব্যৱস্থাৰ কাৰণে তাই প্ৰাইমাৰী পাছ কৰাৰ পাছতে লেখা-পঢ়া এৰিব লগা হৈছে। লেখা-পঢ়া শিকিলে ছোৱালীৰ চৰিত্ৰ নষ্ট হয় বুলি তেতিয়াৰ দিনত মানুহৰ মাজত এটা ভুল ধাৰণা আছিল। সেয়ে স্কুলত পঢ়া ছোৱালীক তেতিয়া মানুহে ভাল চকুৰে চোৱা নাছিল। তেতিয়াৰ দিনত মানুহৰ ধাৰণা আছিল যে, ছোৱালীৰ কাম হ'ল বিয়া-বাৰু কৰাই ঘৰ-সংসাৰ চণ্ডালাৰ লগতে স্বামী, শহুৰ-শাহুৱেকৰ সেৱা-শুশ্রূষা কৰা। এই মানসিকতাৰ বাবেই প্ৰাইমাৰী পাছ কৰাৰ পাছতে মাক-দেউতাকে তাইক বিয়া দি উলিয়াই দিছিল। পঢ়ি থাকিলে তায়ো বি, , এম, এ পাছ কৰিব পাৰিলেহেঁতেন!

ৰাহুলৰ মাকে স্কুলত পঢ়ি থাকোঁতে পাঠ মুখস্থ নহ'লে মূৰ বিষ, পেটৰ বিষকে আদি কৰি নানা অজুহাত দেখুৱাই তাই স্কুললৈ নোযোৱাকৈ থাকিছিল। সাপেহে সাপৰ ঠেং দেখে। গতিকে ৰাহুল স্কুললৈ নোযোৱাৰ কথা শুনি পাঠ মুখস্থ নোহোৱাৰ কাৰণেই সি স্কুললৈ যাব বিচৰা নাই বুলি তাই সন্দেহ কৰিলে । সেয়ে তাই সুধিলে স্কুললৈ যাব বিচৰা নাই কিয় ? গা বেয়া লাগিছে নেকি ?

ৰাহুলে মুখখন ওন্দোলাই মাকৰ প্ৰশ্নৰ উত্তৰত ক'লে- নাই লগা।

তেনেহ'লে স্কুললৈ যাব বিচৰা নাই কিয় ?

এনেয়ে।

এনেয়ে মানে পাঠ মুখস্থ হোৱা নাই নেকি?

ৰাহুলে কোনো উত্তৰ দিয়াৰ আগতে ববিতা কিতাপ-ফলিলৈ ওলাই আহিল ? মাকৰ প্ৰশ্নৰ উত্তৰত তাই উপযাচিয়ে কলে-আজি হেনো স্কুললৈ ডাক্তৰ আহিব। সেই কাৰণে যাব খোজা নাই হয়তো।

ডাক্তৰৰ কথা শুনি মাকে প্রশ্নবোধক দৃষ্টিত ৰাহুলৰ ফালে চালে। ৰাহুলৰ চকু-মুখত এক ধৰণৰ আতংকৰ প্ৰচ্ছায়া প্ৰকট হৈ আছিল। ৰাহুলৰ অৱস্থা দেখি মাকৰ হাঁহি উঠি গ'ল। হাঁহি হাঁহি ক'লে তাই- অ' এই কথাহে। ডাক্তৰ আহিলে ভালহে হ'ব। তাৰ বাবে স্কুললৈ যাব বিচৰা নাই কিয় ?

ৰাহুলে অভিযোগৰ সুৰত ক'লে- ডাক্তৰে হেনো আঙুলি ফুটাই তেজ ল'ব।

কোনে ক'লে? মাকে সুধিলে।

বুলুই কৈছে। যোৱা বছৰ হেনো তাৰ আঙুলি ফুটা কৰি ভালেখিনি তেজ লৈছিল।

মাকে উৰহীৰ ওৰ বিচাৰি পাই ক'লে- অকণমান তেজ লোৱাৰ ভয়তে স্কুললৈ নোযোৱাকৈ থাকিবা নেকি? তেজ ল'ব তোমালোকৰ ভালৰ কাৰণেহে। আঙুলি ফুটা তেজ লোৱাৰ পাছত সেই তেজ পৰীক্ষা কৰিব আৰু শৰীৰত মেলেৰীয়াৰ বীজাণু থাকিলে পৰীক্ষা কৰাৰ পাছত সেইবোৰ ধৰা পৰিব। তেতিয়া ডাক্তৰে সেই অনুসৰি ঔষধ দিব।

ৰাহুলে অভিমান মিহলি সুৰত ক'লে- ম‍ই দুখ নাপাম নেকি ?

একো নহয়। বেজীবে সামান্য ফুটা কৰিব। তেজো বৰ বেছি নল'ব। সামান্য কেইটোপালমান তেজহে ল'ব।। সিদিনা কল পটুৱাৰে নাও সাজিবলৈ গৈ তোৰ আঙুলি কটাৰ ফলত দেখোন কিমান তেজ ওলাই গ'ল। তেতিয়া দেখোন একো নহ'ল।

মাকৰ বুজনিত অৱশেষত ৰাহুল স্কুললৈ যাবলৈ মান্তি হ'ল। কাপোৰ-কানি পিন্ধি সি ববিতাৰ লগত স্কুললৈ বুলি ওলাই গ'ল।

এনেকৈয়ে মান-অভিমানৰ মাজেৰে ৰাহুলৰ ল'ৰালিৰ দিনবোৰ পাৰ হয়। মাকৰ শাসন-অনুশাসন, শিকনি বুজনিৰ মাজতো ল'ৰালি মনৰ হাত বাউলিত ৰাহুলে এনে কিছুমান নকৰিব লগীয়া কাম কৰে যাৰ বাবে সি শেষ মুহূৰ্তত অনুতাপৰ লগতে লজ্জিতও হ'ব লগা হয় আৰু মাক-দেউতাকেও অশান্তি ভূগিব লগা হয়। তাৰে কিছুমান ঘটনাৰেই পৰৱৰ্ত্তী অধ্যায়বোৰ সজাই তোলা হৈছে।*

 

                 মাঘ বিহুৰ উৰুকা।

মাঘ বিহুৰ উৰুকাৰ দিনা নদীলৈ নি গৰুক গা ধোওৱাটো গাঁৱখনৰ বহু দিনৰ পৰম্পৰা। সিদিনা গাঁৱখনৰ আটায়ে মাখিয়তী, বিহলঙনিৰে কোবাই কোৱাই গৰুক নদীলৈ নি গা ধোৱায়। পৰম্পৰা অনুসৰি সিদিনা ৰাহুলহঁতৰ গৰখীয়াজনো গৰুলৈ নদীলৈ বুলি ওলাল। ৰাহুলো ওলাল গৰখীয়াজনৰ লগত। নদীখন সিহঁতৰ ঘৰৰপৰা এক কিলোমিটাৰমান আঁতৰত। বাহুল তেতিয়ালৈকে সাঁতুৰিবলৈ শিকা নাছিল। সেয়ে মাকে তাক নদীলৈ যাবলৈ নিষেধ কৰি ক'লে- তই নদীলৈ যাব নালাগে।

ৰাহুলৰ আঁকোৰগোজ মনোভার এটা আছে। গতিকে মাকে নদীলৈ যাবলৈ নিষেধ কৰা দেখি সি জেদ ধৰি ক'লে- নাই নাই, মই যামেই। আটায়ে যাব, ময়ো যাম।

মাকে ক'লে- নাই নাই, তই যাব নালাগে। কারণ তই এতিয়ালৈকে সাঁতুৰিবলৈ শিকা নাই।

যি কামত বাধা সেই কামৰ প্ৰতি আদিম কালৰপৰা মানুহৰ হাবিয়াস। বাধা বিপদ সংকুল কামে যেন মানুহক হাত বাউলি মাতে। যাব ফলত মানুহে জীৱন বিপন্ন কৰিও দুৰ্গম গিৰি শৃংগ, বৰফেৰে ঢকা দুর্গম মেৰু প্ৰান্তৰ জয় কৰি অক্ষয় কীৰ্ত্তি অৰ্জন কৰিবলৈ সক্ষম হৈছেবহুতে আকৌ দুর্দমনীয় মনৰ আবেগৰ দ্বাৰা পৰিচালিত হৈ পৰাজয়ৰ গ্লানি সাৱটি মৃত্যুৰ হিম-শীতল কোলাত ঢলি পৰিছে। তথাপিও বিপন সংকুল যাত্রা অব্যাহত আছে।

ৰাহুলৰো দুর্দমনীয় মন এটা আছে। সেয়ে মাকৰ বাধা পাই তাৰ সেই দুর্দমনীয় মন সক্ৰিয় হৈ উঠিল। সি দৃঢ়তাৰে ক'লে- নাই নাই, মই যামেই। দিলু, বুলুহঁত সদায় যায়, ময়ো যাম।

খৰালিৰ নদী। সোঁতৰ বেগো বেছি নহয়। গতিকে মাকে ৰাহুলৰ আঁকোৰগোজ মনোভাবলৈ লক্ষ্য কৰি বিশেষ আপত্তি নকৰিলে। তাই ৰাহুলক পানীত নানামিবলৈ সঁকীয়াই দি যাবলৈ অনুমতি দিলে- যা, কিন্তু পানীত নানামিবি। ৰাহুলক এইদৰে সঁকীয়াই গৰখীয়াজনক উদ্দেশ্য কৰি ক'লে- এওঁৰ প্ৰতি চকু ৰাখিবি, যাতে পানীত নে নামে।

ৰাহুলহঁতৰ সৰু-বৰ দহটা গৰু। সিহঁতৰ দৰে আৰু বহুতেই গৰুক গা ধোৱাবলৈ নদীলৈ আহিছে। আটায়ে গৰুৰ গা ধুওৱাত ব্যস্ত। বাহুলহঁতৰ গৰখীয়াজনে জাৱৰ কিছুমান গোটাই লৈ গৰুৰ গা ঘঁহি-পিহি দিবলৈ ধৰিলে আৰু ৰাহুল একাঁঠু পানীত নামি গৰুৰ গাত পানী ছটিয়াবলৈ ধৰিলে।

হঠাৎ এটা দৃশ্য দেখি ৰাহুলৰ মন আনন্দত নাচি উঠিল। সি লক্ষ্য কৰিলে কিছুমান ল'ৰা গৰুৰ নেজত ধৰি নদীৰ বুকুলৈ বুলি সাঁতুৰি গৈছে আৰু কিছুদূৰ যোৱাৰ পাছত পুনৰ পাবলৈ উভতি আহিছে। কোনে কিমান দূৰলৈ সাঁতুৰি যাব পাৰে তাৰে প্ৰতিযোগিতা কৰিছে ল'ৰাবোৰে।

দৃশ্যটো দেখি বাহুলৰ মন আনন্দত উদ্বেলিত হৈ উঠিল। সি কৌতুহলী দৃষ্টিত দৃশ্যটো উপভোগ কৰিবলৈ ধৰিলে। তাৰ মনত খেলালে সিও যদি ল'ৰাবোৰৰ দৰে এটা পাক মাৰি আহিব পাৰিলেহেঁতেন ! কিন্তু পাছ মুহূৰ্ততে এষাৰ কথা ভাবি সি হতাশ হৈ পৰিল কাৰণ সিযে সাঁতুৰিব নাজানে! ইফালে মাকেও তাক পানীত নামিবলৈ বাৰে বাৰে সঁকীয়াই দিছে। এক প্রচণ্ড হতাশাত তাৰ ল'ৰালি মন ভাৰাক্ৰান্ত হৈ পৰিল।

হঠাৎ তাৰ মাকৰ প্ৰতি খং উঠি গ'ল। মাকৰ কাৰণেই সি সাঁতুৰিবলৈ শিকিব পৰা নাই। তাৰ বয়সৰ বহুতে ল'বাই সাঁতুৰিব জানে। একমাত্র সিয়ে সাঁতুৰিব নাজানে। মাকে তাক নদীলৈ আহিবলৈ নিদিয়া কাৰণেহে সি সাঁতুৰিবলৈ শিকিবপৰা নাই। কেতিয়াবা আহে যদিও মাকৰ লগতহে আহে। তেতিয়াও মাকে তাক পানীত নামিবলৈ নিদিয়ে। পানীত ডুব দিবলৈ গ'লেও মাকে তাৰ হাতত ধৰি ৰাখে। হাতত ধৰি থাকিলে ডুব দিয়াৰ আচল মজাই পোৱা নাযায়। সাঁতুৰিবলৈ নজনাৰ কাৰণে বহুতে তাক ঠাট্টাও কৰে। কিন্তু উপায় নাই। তেতিয়া সি মনে মনে থাকিব লাগে- একো প্রতিবাদ কবি নোৱাৰে। কাৰণ সি নাজানে যেতিয়া তাকতো আৰু জনা বুলি ক'ব নোৱাৰে!

এই ক্ষেত্ৰত মাকৰ গাতো অৱশ্যে বিশেষ দোষ নাই। দোষ আচলতে জ্যোতিষীৰহে । ৰাহুলৰ হেনো পানীত ডুবি নাইবা জুইত পুৰি মৰাৰ ভয় আছে। জ্যোতিষী এজনে তেনেকৈ কোৱা সি নিজেই শুনিছে। জ্যোতিষীয়ে তাৰ হাত চাই ভাগ্য ভাল বুলিও কৈছে। তাৰ হাতত হেনো বহুতৰে নথকা উৰ্দ্ধ ৰেখা এডাল আছে। ভালদৰে লিখা-পঢ়া শিকিলে সি ভবিষ্যতে এজন ডাঙৰ মানুহ হোৱাৰ লক্ষণো হেনো আছে তাৰ বাহুলে হাতখন চকুৰ আগত মেলি ধৰিলে। জ্যোতিষীয়ে কোৱা কথা মিছা নহয়। তাৰ হাতত সঁচাকৈয়ে এডাল উর্দ্ধ বেখা আছে। হাতৰ মাজে মাজে এডাল বেখা গৈ মধ্যমা আঙুলি স্পৰ্শ কৰিছে।

জ্যোতিষীজনৰ কথা অনুসৰি মাকে এমোণা চাউল দি এটা মাদুলি ৰাখি দিছে। কঁকালত পিন্ধি থকা মাদুলিটো সি লাৰি-চাৰি চালে। মাদুলিটো কঁকালত ঠিকেই আছে। মাদুলিটো আছে যেতিয়া ভয় নাই। ৰাহুলে ভাবিলে। ভয়ে যদি কৰিব লাগে এমোণা চাউল দি মাদুলিটো ৰাখি কি লাভ হ'? মাকৰ কথা, সাৱধান হৈ চলাজন কেতিয়াও বিপদত নপৰে। সাৱধান হৈ নচলিলে মাদুলিয়ে কাম নিদিবও পাৰেআচলতে মাদুলিৰ কোনো মহিমা নাই। আচল মহিমা সাৱধানতাৰহে। ভাবিলে বাহুলে।

সি পুনৰ গৰুৰ নেজত ধৰি সাঁতুৰি যোৱা ল'ৰাবোৰৰ ফালে চালে। বেচ স্ফূৰ্তি কৰি আছে ল'ৰাবোৰে। ৰাহুলে ভাবিলে, সি নিজেতো সাঁতুৰিব নালাগে। ল'ৰাবোৰে দেখোন গৰুৰ নেজত ধৰিয়ে সাঁতুৰি গৈ আছে। গতিকে সি সাঁতুৰিব নাজানিলেও গৰুৰ নেজত ধৰিয়ে দেখোন পাক এটা মাৰি আহিব পাৰে।

ভবা মতেই কাম। কোনেও তর্কিব নোৱাৰা কৈ সি বলব এটাৰ নেজত ধৰি দিলে খেদা। বলধটোৱে ৰাহুলকলৈ নদীৰ বুকুলৈ বুলি সাঁতুৰি যাবলৈ ধৰিলে। বহু দূৰ সাঁতুৰি অহাৰ পাছত সি গপত গংগাটোপটো হৈ ফুলি উঠিল। আনন্দ কৌতুকত উচ্ছ্বসিত হৈ উঠিল সি। ডেভিট স্কটে দক্ষিণ মেরুত পদার্পণ কৰিও হয়তো সিমানখিনি আনন্দিত হোৱা নাছিল। কল্পনাৰ এজাক ৰঙীন সপোনে তাৰ মনোজগতত তোলপাৰ লগালে। এতিয়া দিলু বুলুহঁতক সি বুকু ফিন্দাই এই অভিযানৰ কথা ক'ব পাৰিব আৰু সিহঁতে তাৰ এই দুঃসাহসিক অভিযানৰ কথা শুনি তাক প্ৰশংসা কৰিবলৈ বাধ্য হ'ব।

পঁচিছ ত্ৰিছ মিটাৰমান সাঁতুৰি অহাৰ পাছত বলধটো পাৰৰ ফালে ঘূৰিল।

ঠিক তেতিয়াই ঘটিল ঘটনাটো।

বলধটো ঘূৰাৰ সময়ত হঠাৎ ৰাহুলৰ হাতৰপৰা গৰুৰ নেজডাল এৰা খাই গ'ল । ঘটনাটো ইমানেই অকস্মাতে ঘটিল যে সি তর্কিবই নোৱাৰিলে। সি নেজডাল পুনৰ থাপ মাৰি ধৰাৰ কাৰণে চেষ্টা চলালে যদিও বিফল হ'ল। গৰুটো চকুৰ পচাৰতে বহু দুৰলৈ আঁতৰি গ'ল।

সি পানীত পৰি ককাবলৈ ধৰিলে। সি নদীৰ বুকুলৈ সাঁতুৰি যোৱাটো বহুতেই লক্ষ্য কৰা নাছিল। পানীত পৰি ককাবলৈ ধৰাত বহুতৰে তাৰ ফালে চকু গ'ল। দৃশ্যটো প্ৰত্যক্ষ কৰি আটায়েৰে মনত দুটা প্রশ্নই ভুমুকি মাৰিলে। কোন তেনেকৈ পানীত পৰিল ? কি করা যায় এতিয়া ? 'ৰাজনে যে সাঁতুৰিব নাজানে এই বিষয়ে কোনো সন্দেহৰ অৱকাশ নাই। কাৰণ সাঁতুৰিবলৈ জনা মানুহে তেনেকৈ কক্‌কাই নাথাকিলহেঁতেন। পানীত পৰাৰ লগে লগে সি সাঁতুৰি পাৰৰ ফালে অহাৰ কাৰণে চেষ্টা কৰিলহেঁতেন। ল'ৰাটোৱে সাঁতুৰিবলৈ নজনাৰ কাৰণেহে তেনেকৈ ককাই আছে। ইফালে সাঁতুৰিবলৈ নজনা মানুহক পানীৰপৰা তুলি আনিবলৈ গ'লেও বিপদ। দুৰত্বও কম নহয়। কমেও পঁাঁচিছ ত্ৰিছ মিটাৰ। সাৱটি ধৰিব লাগিলে দুয়োৰে সলিল সমাধি হ'ব। কিন্তু গোট মানুহ এটাক চকুৰ আগত তেনেকৈ সলিল সমাধি হোৱা দৃশ্যটো চাই থাকিবলৈও বহুতে টান পালে। সেয়ে পাৰত থকা মানুহবোৰে হুৱা-দুৱা লগালে।

এষাৰ কথা আছে- ৰাখে হৰি মাৰে কোনে? ৰাহুলহঁতৰ গৰখীয়াজনে লক্ষ্য কৰিলে ৰাহুল তাৰ কাষত নাই। তাৰ বুকুখন চিৰিংকৈ উঠিল। বলিয়াৰ ধৰে ভিৰৰ মাজত চকু ফুৰাই সি ৰাহুলৰ সন্ধান কৰিবলৈ ধৰিলে। কিন্তু ক'তো ৰাহুল তাৰ চকুত নপৰিল। সি নিশ্চিত হ'ল যে পানীত পৰি ককাই থকাজন নিশ্চয় ৰাহুলেই হ'ব। এক প্রচণ্ড ভয়ত তাৰ অন্তৰাত্মা কঁপি উঠিল। ৰাহুলৰ তেনেকৈ সলিল সমাধি হ'লে আটায়ে তাৰ ওপৰতে দোষ জাপিব। কাৰণ ৰাহুল তাৰ লগত আহিছে। সি বাহুলৰ ওপৰত চকু ৰাখিব লাগিছিল। তাৰ অমনোযোগিতাৰ বাবেই বাহুল সলিল সমাধি হোৱা বুলি আটায়ে ধৰি ল'ব। তদুপৰি সি ৰাহুলক ভালো পায়। সেয়ে দিগ্বিদিক্ শূন্য হৈ সি ৰাহুলক কেনেকৈ পানীৰপৰা উদ্ধাৰ কৰিব পাৰে তাকে ভাবিবলৈ ধৰিলে।

হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। শকত আরত বলব এটাৰ নেজত ধৰি সি এছাৰিৰে পূৰ্ণহতীয়া দুটামান কোব শোধালে। কোব খাই বলধটোৱে দ্রুত গতিত নদীৰ বুকুলৈ বুলি সাঁতুৰি যাবলৈ ধৰিলে।

বোবা জন্তুৰ জ্ঞান নাথাকিলেও বোধ শক্তি আছে। সেই বোধ শক্তিৰ জৰিয়তে বলধটোৱে ইতিমধ্যেই হয়তো আসন্ন বিপদৰ কথা উপলব্ধি কৰিব পাৰিছিল। কোব খাই সি গৰখীয়াজনৰ উদ্দেশ্যও বুজিব পাৰিছিল। গতিকে বলধটো দ্রুত গতিত ৰাহুলৰ ফালে সাঁতুৰি যাবলৈ ধৰিলে।

বলধটো গৈ ৰাহুলৰ কাষ পায় মানে তাৰ চুলিকোঁচাহে মাথোন কথমপি পানীৰ ওপৰত উপঙি আছিল। গৰখীয়াজনে ৰাহুলৰ চুলিকোঁচাত থাপ মাৰি ধৰি টান মাৰি বলধটোৰ পিঠিত তুলিলে । ৰাহুলক পিঠিত তোলাৰ লগে লগে বলধটো পাৰৰ ফালে ঘূৰি সাঁতুৰি আহিবলৈ ধৰিলেনিশ্বাস বন্ধ কৰি পাৰত ৰৈ দৃশ্যটো চাই থকা মানুহবিলাকৰ মুখলৈ পানী আহিল। আটায়ে স্বস্তিৰ নিশ্বাস পেলালে।

বলধটো পাৰ পোৱাৰ লগে লগে গৰখীয়াজনে ৰাহুলক দাঙি গৰাৰ ওপৰলৈ লৈ আহিল। ৰাহুল ইতিমধ্যে পানী খাই লেউ-সেউ হৈ পৰিছিল আৰু তাৰ পেটটোও ফুলি উঠিছিল। গৰখীয়াজনে ৰাহুলক এডোখৰ সমান মাটিত শুৱাই দিলে। বয়সিয়াল অভিজ্ঞ মানুহ এজন আগবাঢ়ি আহি ৰাহুলক তলমুৱাকৈ শুৱাই হাতৰ তলুৱাৰে পিঠিত লাহে লাহে চাপ দিবলৈ ধৰিলে। চাপ পাই ৰাহুলৰ মুখেৰে গল গলকৈ পানী ওলাই আহিল। এই চাপ দিয়াৰ প্ৰক্ৰিয়া কিছু সময় চলি থাকিল আৰু লাহে লাহে ৰাহুলৰ পেটৰপৰা পানীখিনি ওলাই গ'ল।

পানী ওলাই যোৱাৰ কিছু সময় পাছত ৰাহুল সুস্থ হৈ উঠিল। সি তাৰ চাৰিওফালে জুম বান্ধি থিয় দি থকা মানুহবোৰলৈ চাই লাজত ৰঙা- চিঙা পৰি তলমুৰ কৰিলে।*

 

              চড়ক পূজা খেলা

ৰাহুলহঁতৰ গাঁৱখন মুছলমান অধ্যুষিত গাঁও। কিছু সংখ্যক বাংলাভাষী হিন্দু মানুহো আছে গাঁৱখনত ।

বাঙালী হিন্দুসকলে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা চড়ক পূজা কৰে। এই পূজা অনুষ্ঠান ৰাহুল জন্মৰ বহুকাল আগৰে পৰা চলি আহিছে। পূজা অনুষ্ঠানটো হিন্দু সম্প্ৰদায়ৰ হ'লেও মুছলমানসকলেও পূজা অনুষ্ঠানটোত দলে দলে যোগদান কৰে। মাথোন ৰাহুলহঁতৰ গাঁৱৰে নহয় বেলেগ বেলেগ গাঁৱৰপৰাও বহু মানুহ পূজা চাবলৈ আহে। ফলত চড়ক পূজা সাৰ্বজনীন হৈ পৰিছে অঞ্চলটোত।

মূল পুজা উৎসৱৰ প্ৰায় পোন্ধৰ দিনমান আগৰেপৰা জাতি-ধর্ম নির্বিশেষে মূল পূজা অনুষ্ঠানটোৰ বাবে প্রস্তুতি চলায়। মূল অনুষ্ঠানৰ প্রস্তুতি পর্ব হিচাপে গাঁৱৰ হিন্দু ডেকা কেইজনমানে মহাদেৱ-পার্বতী ও নাবদৰ ভাওঁলৈ ঘৰে ঘৰে ঘূৰি দান-বৰঙণি সংগ্ৰহ কৰে। সিহঁতৰ লগত আন এজন ডেকাই মহাদেৱৰ কাঠৰ মূৰ্ত্তি ৰঙা কাপোৰেৰে মেৰিয়াই মূৰ্তলৈ ঘূৰি ফুৰে। কোনো কোনো অঞ্চলত আকৌ ল'ৰা-ছোৱালী, জীয়ৰী-বোৱাৰীৰ মনোৰঞ্জনৰ বাবে হনুমানৰ ভাওঁলৈ নাচি-বাগি থকাও দেখা যায়। নামত চড়ক পূজা হ'লেও প্ৰকৃতাৰ্থত ই শিৱ পূজাহে।

ইছলাম ধৰ্ম অনুসৰি এই চড়ক পূজাৰ লগত এক করুণ লোমহর্ষক কিংবদন্তি সাঙোৰ খাই আছে। যাৰ ফলতেই হয়তো মুছলমানসকলেও কৌতুহল প্ৰৱণ হৈ এই চড়ক পূজাত যোগদান কৰি ৰোমাঞ্চ অনুভব কৰে।

ইব্রাহীম মুছলমানসকলৰ অন্যতম নবী বা প্রেৰিত পুৰুষ। ইব্রাহীমৰ জন্ম হৈছিল আজৰ নামৰ এজন পৌত্তলিক ব্ৰাহ্মণৰ ঘৰত। তেতিয়াৰ আব সমাজ নানাবিধ কুসংস্কাৰৰ লীলাভূমি আছিল। হিংসা-দ্বেষ, থিয়লা-থিয়লিৰে অন্ধকাৰাচ্ছন্ন হৈ আছিল আৰবৰ আকাশ-বতাহ। নানা ধৰণৰ পংকিলতাৰ মাজত ডুব গৈ আছিল জন-জীৱন। ঠিক তেতিয়াই শান্তিৰ বাৰ্তাবাহক ইব্রাহীমৰ জন্ম হৈছিল। মূৰ্ত্তিপূজকৰ ঘৰত জন্ম ল'লেও তেওঁ নিজে মূৰ্ত্তি পূজা ভাল নাপাইছিল। গতিকে সময় সুযোগ পালেই তেওঁ মূৰ্ত্তিবোৰ ভাঙি পেলাইছিল।

এদিন এটা মূৰ্ত্তি ভাঙি থাকোঁতে ইব্রাহীম হাতে-লোটে ধৰা পৰিল। ধৰ্মৰ ওপৰত হস্তক্ষেপ! অমার্জনীয় অপৰাধ। দেশৰ মূৰ্ত্তি পূজক মানুহবিলাক ক্ষোভ- আক্রোশত উন্নত্ত হৈ উঠিল। তেওঁলোকে ইব্রাহীমক ধৰি বান্ধি বিচাৰকৰ ওচৰলৈ লৈ আহিল। সাক্ষী বাদীৰ জবানবন্দী শুনি বিচাৰকে ইব্রহীমক জীয়াই জীয়াই পুৰি মাৰিবলৈ নিৰ্দেশ দিলে। বিচাৰকৰ ৰায় শুনাৰ লগে লগে মানুহবিলাক কাঠ-বাঁহ সংগ্ৰহ ৰ কাৰণে ঢাপলি মেলিলে। চাওঁতে চাওঁতে টিলা এটাৰ দৰে কাঠ-বাঁহৰ প্ৰকাণ্ড স্তুপ সৃষ্টি হ'ল। বিচাৰকৰ নিৰ্দেশ মতে সেই স্তুপত জুই লগাই দিয়া হ'ল। জুই জ্বলি উঠিল। সাপৰ জিভাৰ দৰে জুইৰ লেলিহান শিখা লক্‌লকাবলৈ ধৰিলে। জুইৰ ওচৰলৈ যোৱাতো দূৰৰে কথা পঞ্চাশ ষাঠি মিটাৰমান আঁতৰৰ পৰাই জুইৰ উত্তাপ সহ্য কৰা টান হৈ পৰিল। গতিকে ইব্রাহীমক জুইৰ মাজত পেলোৱাটো এটা সমস্যা হৈ পৰিল।

ইব্রাহীমক কেনেকৈ জুইৰ মাজত পেলোৱা যায় তাকে লৈ জল্পনা-কল্পনা চলিল। নানাজনে নানা ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ালে। কোনোটো কাৰ্যকৰী কৰা সম্ভৱ নহ'ল। অৱশেষত এজনে এক অভিনৱ পদ্ধতিৰ কথা জনালে। আটায়ে কথাটোত সমৰ্থন জনালে। মানুহজনৰ পৰামৰ্শ অনুসৰি কাঠৰ ডাঙৰ খুঁটা এটা পোতা হ'ল। আগ-গুৰিকৈ দুডাল দীঘল বাঁহ জোঁটি দুই মূৰে ৰচি বান্ধি স্বচ্ছন্দে ঘূৰিব পৰাকৈ খুঁটাৰ ওপৰত সন্তুলিত কৰি স্থাপন কৰা হ'ল। তাৰ পাছত ইব্রাহীমক হাত-ভৰি বন্ধা অৱস্থাত বাঁহডালৰ এমূৰে থকা ৰচীৰ লগত বান্ধি দিয়া হ'ল আৰু বাঁহডালৰ আনটো মূৰে থকা ৰচীত ধৰি টানি ইৱাহীমক শূন্যলৈ দাঙি কেই পাকমান ঘূৰাই জুইৰ মাজত নিক্ষেপ কৰা হ'ল।

কিন্তু ৰাখে হৰি মাৰে কোনে? পৰম সৃষ্টিকৰ্ত্তাৰ অসীম মহিমাৰ বলত ইব্রাহীমৰ কাৰণে জুইকুৰা ফুলৰ বাগিচাৰ দৰে মনোৰম হৈ পৰিল। ইব্রাহীম আসন্ন বিপদৰপৰা ৰক্ষা পৰিল

মুছলমানসকলৰ মতে বহুকাল আগৰ সেই ঘটনাৰে হেনো বর্তমান সমাজৰ কিছু সংখ্যক হিন্দুই পুনৰাবৃত্তি কৰে।

সি যিয়েই নহওঁক কিয়, 'ত মাহৰ সংক্ৰান্তিৰ দিনা প্ৰবল উৎসাহ উদ্দীপনাৰে ঢাক-ঢোল বজাই তেল-সেন্দুৰ সানি পুজা-অৰ্চনা কৰি কাঠৰ ডাঙৰ খুটা এটা খুঁটা পোতা হয় আৰু আগ-গুৰিকৈ চাৰিডাল বাঁহ জোঁটি খুঁটাটোৰ মূৰত সন্তুলিত কৰি স্থাপন কৰা হয়। খুঁটাটো স্থিৰ হৈ থকা অৱস্থাত বাঁহ চাৰিডাল যাতে স্বচ্ছন্দে ঘুব্বি পাৰে তাৰো ব্যৱস্থা কৰা হয় আৰু সঞ্চলিত কৰি বন্ধা বাঁহৰ দুই মুৰে দুডাল দীঘল চী বান্ধি ওলোমাই ৰখা হয়। এই কাম মূল পূজা অনুষ্ঠানৰ বহু আগতেই সম্পন্ন কৰি থোৱা হয়।

আবেলি এজন মানুহৰ পিঠিত দুটা বৰশী বিন্ধাই ঢাক-ঢোল বজাই শোভা যাত্ৰা কৰি চড়ক স্থলীলৈ অনা হয় আৰু সন্তুলিত কৰি বন্ধা বাঁহৰ এমূৰে ওলোমাই ৰখা ৰাচীৰ লগত উক্ত মানুহজনৰ পিঠিৰ বৰশীৰ ৰচী বান্ধি দিয়া হয়। তাৰ পাছত বাঁহডালৰ আনটো মুৰে ওলোমাই ৰখা ৰচীডালত ধৰি কিছুমান মানুহে মানুহজনক শূন্যলৈ দাঙি সাত পাক ঘূৰাই পূজা অনুষ্ঠানৰ সামৰণি মাৰে।

বৰশী বিন্ধোৱা মানুহজনক ঘূৰোৱাৰ সময়ত বহু মানুহে বাতাচা, সন্দেশ, কল, পাৰ চৰাই আদি দলিয়ায়। সেইদৰে দলিওৱা বস্তুবোৰ হেনো কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত মানুহৰ ৰোগ মুক্তিৰ কাৰণে মানস কৰা বস্তু। সেই মানসৰ দ্বাৰা ৰোগ মুক্তি হয় নে নহয় সেয়া ভূক্তভোগীয়েহে জানে। এয়া প্ৰকৃতাৰ্থত কুসংস্কাৰ যদিও ধৰ্মৰ প্ৰতি আস্থা থকা ধর্মভীৰু সৰল সহজ মানুহবিলাকে যুগ যুগ ধৰি আত্মসন্তুষ্টিৰ কাৰণে এই কাৰ্য কৰি আহিছে।

চড়ক পূজা উপলক্ষ্যে প্রতি বছৰে ৰাহুলহঁতৰ গাঁৱত মেলা বহে। মেলা চাবলৈ দূৰ-দূৰণিৰ পৰাও মানুহ আহে। মেলাত নানা ধৰণৰ খেল- ধেমালিৰ লগতে ভাগ্য পৰীক্ষা খেল আদি অনুষ্ঠিত হয়। যাদু খেল, মেজিক আদিও প্ৰদৰ্শিত হয়। শাৰী শাৰীকৈ মনোহাৰী বস্তু, মিঠে আদিৰ দোকান বহে। গতিকে মূল পূজাৰ প্ৰতি আকর্ষণ নাথাকিলেও নানাবিধ খেলনা, মিঠৈ আদিৰ প্ৰতি আকৰ্ষিত হৈ সৰু সৰু ল'ৰা-ছোৱালীবোৰ দলে দলে মেলা চাবলৈ আহে। ফলত মনোহাৰী বস্তুৰ লগতে মিঠে, পুতলা, বাঁহী আদি বুজন পৰিমাণে বিক্ৰী হয়। পে-পোঁ ধ্বনিব লগতে হাই-উৰুমিৰে মেলাস্থলী মুখৰিত হৈ উঠে। আনন্দ-উল্লাসত ল'ৰা-ছোৱালী নাচি-বাগি ফুৰে।

সিদিনা ৰাহুলহঁতে গাঁৱৰ আন আন ল'ৰাৰ লগত ডাং গুটি খেলি আছিল। ভাং গুটি মৰালৈ হঠাৎ দিলু আৰু বুলুৰ মাজত কাজিয়া লাগিল । খেল বন্ধ হৈ গ'ল।

সন্ধিয়া হ'বলৈ তেতিয়াও ভালেখিনি সময় আছিল। সেয়ে খেল বন্ধ হোৱাত ৰাহুলৰ মন সেমেকি উঠিল। বেলেগ কি খেল খেলিব পাৰে সি তাকে ভাবিবলৈ ধৰিলে। কিছুদিন আগতে চড়ক পূজা হৈ গৈছে। তাৰ মনত হঠাৎ সেই চড়ক পূজাৰ স্মৃতি জাগি উঠিল। সিহঁতে চড়ক পূজাই খেলিব পাৰে দেখোন! ভাবিলে ৰাহুলে। ভবামতেই সি প্রস্তাৱ আগবঢ়ালে- আমি চড়ক পূজা খেলো আহা।

ৰাহুলৰ কথা শুনি বুলুই চকু বিস্ফাৰিত কৰি ক'লে- চড়ক পূজা খেলিবি। কিন্তু কেনেকৈ?

ৰাহুলে প্ৰস্তাৱটো আগবঢ়ালেও কেনেকৈ খেলিব সেই বিষয়ে সি ভবা নাছিল। গতিকে সি বুলুৰ প্ৰশ্নত কিছু বিব্রত হ'ল। কিন্তু সি নিজক চম্ভালিলৈ কিছুপৰ ভাবি অনুপূর্বিক খেলৰ ধৰণটো বুজাই ক'লে।

ৰাহুলৰ কথা শুনি বুলুই ক'লে- কিন্তু বাঁহ কত পাবি?

ৰাহুলে প্রস্তাৱ আগবঢ়ালে- দিলুহঁতৰ ঘৰত বাঁহ আছে। মই সিদিনা সিহঁতৰ ঘৰত বহু বাঁহ দেখি আহিছো। দুজনমানে গৈ সিহঁতৰ ঘৰৰপৰা দুডালমান বাঁহ আনিলেই হ'ল। খুঁটাৰ কাম কলাছেৰে কৰিমআমাৰ ঘৰত ৰচী আছে। ম‍ই নিজে গৈ ৰচী লৈ আহিম।

ৰাহুলৰ প্ৰস্তাৱ আটায়েৰে মনঃপুত হ'ল আৰু লগে লগে আটায়ে কামত লাগি পৰিল। দুজনমান গ'ল দিলুহঁতৰ ঘৰৰপৰা বাঁহ আনিবলৈ আৰু কেইজনমান গ'ল কলগছ কাটিবলৈ। ৰাহুলে নিজে গৈ ঘৰৰপৰা ৰচী আৰু কোৰলৈ আহিল।

কলগছৰ মূৰত বাঁহৰ গোঁজ এডাল সুমুৱাই তাৰ লগত এডাল বাঁহ সহজে ঘূৰিব পৰাকৈ সন্তুলন কৰি বন্ধা হ'ল। দুমুৰে দুডাল দীঘল চী বান্ধি ওলোমাই ৰখা হ'ল। তাৰ পাছত গাঁত এটা খান্দি কলগছডাল উলম্ব ভাবে গাঁতত পোতা হ'ল। সিহঁতৰ কাণ্ড-কাৰখানা চাবলৈ গাঁৱৰ আন আন ল'ৰা-ছোৱালী উৰুলিকৃত হৈ লৰি আহিল ।

বুলুই মন্ত্ৰ উচ্চাৰণ কৰি বৰশীৰ পৰিৱৰ্ত্তে ৰাহুলৰ কঁকালত ৰচী বান্ধিলে। তাৰ পাছত ৰাহুলৰ কঁকালত বন্ধা ৰচীভাল বাঁহৰ এমূৰে ওলোমাই ৰখা ৰচীৰ লগত বান্ধি দিয়া হ'ল আৰু দিলু, বুলুকে আদি কৰি কেইজনমান ল'ৰাই বাঁহৰ আনটো মূৰ্ত ওলোমাই বন্ধা ৰচী ধৰি টানি ৰাহুলক শূন্যলৈ দাঙি উৰুলিকৃত হৈ ঘূৰিবলৈ ধৰিলে। ফলত ৰাহুল শূন্যত পাক খাই ঘুৰি থাকিল। তেনেকৈ শূন্যত ঘূৰিবলৈ পাই আনন্দ-উচ্ছ্বাসত তাৰ বুকু ফুলি উঠিল। উপস্থিত ল'ৰা-ছোৱালীবোৰে হাত চাপৰি বজাই আনন্দত কিৰিলি পাৰিবলৈ ধৰিলে।

হঠাৎ ঘটি গ'ল ঘটনাটো । ৰাহুল অকস্মাৎ গাঁঠি খুলি ধুপুচ্‌কৈ মাটিত সৰি পৰিলঅপ্রত্যাশিত ঘটনাত আতংকিত হৈ ল'ৰা-ছোৱালীবোৰ স্তব্ধ হৈ পৰিল। বুলু, দিলু আৰু দুজনমান ল'ৰা ৰাহুলৰ ওচৰলৈ দৌৰি আহিল। ঠাইডোখৰ বালিময় আছিল। ৰাহুলৰ মূৰটো বলিৰ মাজত পোত খাই আছিল। বুলুহঁতে তাৰ মুৰটো বালিৰ মাজৰপৰা টানি তুলিলে।

ৰাহুল চকু-মুখ বালিৰে ভৰা । তাৰ চকুৰ দৃষ্টি বিস্ফারিত। সি বুকুত হাত দি দেখুৱালে। অর্থাৎ সি বুকুত আঘাত পাইছে আৰু তাৰ উশাহ- নিশাহ বন্ধ হৈ আহিছে। সি ইংগিতেৰে বুকুত পিহি দিবলৈ ক'লে। উশাহ বন্ধ হ'লে বুকুত পিহি দিলেযে ভাল পায় সেই অভিজ্ঞতা ইতিমধ্যেই তাৰ এবাৰ হৈ গৈছে।

সিদিনা ৰাহুলে ববিতাৰ লগত সিহঁতৰ বাৰীত বগৰী পাৰিবলৈ গৈছিল। সি গছত উঠি ডাল এডালত ধৰি গছজোপা জোকাৰি আছিল। আৰু ববিতাই গছৰ তলত বৈ বগৰী বুটলি আছিল। সি যিডাল ডালত ধৰি জোকাৰি আছিল সেই ডালডাল মৰা আৰু দুৰ্বল আছিল। এটা সময়ত ৰাহুলৰ টান সহিব নোৱাৰি ডালডালে ভঙি গ'ল। ৰাহুলৰ সম্পূৰ্ণ ভৰ সি থিয় দি থকা ডালডালৰ ওপৰত আছিল। গতিকে সি ভঙা ডালডালেৰে সৈতে গছৰপৰা ফল সৰাদি ধুপুচ্‌কৈ মাটিত সৰি পৰিল। শূন্যৰপৰা পৰাৰ কাৰণে সি বুকুত আঘাত পালে আৰু সি উশাহ-নিশাহ ল'ব নোৱাৰা হ'ল। সি চকুৰে সৰিয়হৰ ফুল দেখিবলৈ ধৰিলে আৰু চকু বিস্ফাৰিত কৰি সহায়ৰ আশাত ববিতাৰ ফালে চালে। ঘটনাৰ আকস্মিকতাত ববিতাও ভেবা লাগি গৈছিল। কি কৰিব, কি নকৰিব ভাবি একো থিৰাং কৰিব নোৱাৰি তাই কিংকর্তব্য বিমূঢ় হৈ শিলপৰা কপৌৰ দৰে থৰ হৈ ৰ'ল।

ববিতাক থৰ হৈ ৰৈ থকা দেখি ৰাহুলে ঘৰৰ ফালে আঙুলিয়াই দেখুৱালে। তাৰ এই ইংগিতৰ অৰ্থ আছিল- মাত মাত।

ববিতাই ৰাহুলৰ ইংগিতৰ অৰ্থ বুজিব নোৱাৰিলে। তাই ৰাহুলৰ অৱস্থা দেখি আতংকিত হৈ চিঞৰ মাৰি ৰাহুলক সাৱটি ধৰিলে। তাইৰ আতংকিত কণ্ঠৰ চিঞৰ শুনি কিবা অঘটন ঘটিছে বুলি ভাবি মাক লৰি আহিল । ৰাহুলে বুকুত হাত দি সি উশাহ ল'ব পৰা নাই বুলি ইংগিতেৰে মাকক বুজাই দিলে। মাকে ৰাহুলৰ ইংগিতৰ অৰ্থ বুজিব পাৰিলে আৰু তাই ৰাহুলৰ বুকু আৰু পিঠিত পিহি দিবলৈ ধৰিলে। কিছু সময় পৰিচৰ্যাৰ পাছতে ৰাহুলে ফতকৈ উশাহ ল'লে।

এই অভিজ্ঞাতাৰ কথা ৰাহুলে দিলু, বুলুহঁতৰ আগতো কৈছিল। ৰাহুলে বুকুৰ ফালে ইংগিত কৰাৰ লগে লগে দিলুৰ সেই কথা মনত পৰি গ'ল। সি আঁঠু কাঢ়ি বহি ৰাহুলৰ বুকুত পিহি দিবলৈ ধৰিলে আৰু বুলুক পিঠিত পিহি দিবলৈ ক'লে। খন্তেক পাছতে ৰাহুলে আগৰ বাৰৰ নিচিনা কৈ ফকৈ উশাহ ল'লে। অর্থাৎ এইবাৰো ৰাহুল ৰক্ষা পৰিল।

আসন্ন বিপদৰপৰা ৰক্ষা পৰি ৰাহুল কৃতজ্ঞতাপূর্ণ দৃষ্টিত দিলুৰ ফালে চালে। দিলুই বিব্রত কণ্ঠত সুধিলে- কি হৈছিল তোৰ?

উশাহ ল'ব নোৱাৰা হৈছিলো। বুকুৰ ভিতৰত যেন বতাহ বন্ধ হৈ আছিল। তহঁতে বুকুৱে পিঠিয়ে পিহি দিয়াৰ পাছতহে উশাহ ল'বলৈ সক্ষম হৈছো।

এতিয়া কিবা অসুবিধা পাইছ নেকি? দিলুই সুধিলে।

নাই নাই, এতিয়া একো অসুবিধা নাই।

বুলুই ঠাট্টাৰ সুৰত ক'লে- আকৌ পাক মাৰিবি নেকি ?

ৰাহুলে একো নক'লে। সি মাথোন চকু ঘোপা কৰি বুলুৰ ফালে চালে।

ৰাহুলৰ নাকে-মুখে বালি লাগি এক অদ্ভূত মূৰ্ত্তি সৃষ্টি কৰিছিল। সি মূৰৰ বালি জোকাৰি পেলালে যদিও চকু-মুখত বালি লাগিয়ে থাকিল। দিলুই ওচৰৰ এঘৰৰপৰা পানী আনি ৰাহুলৰ মুখমণ্ডল ধুৱাই দিলে।*

 

            ৰাহুলৰ চহৰ ভ্ৰমণ

ৰাহুল তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ ঘটনা। দিলুৰ অসুখ হোৱাৰ কাৰণে ডাক্তৰক দেখুৱাবলৈ দেউতাকে তাক চহৰলৈ লৈ গৈছিল। চহৰৰপৰা আহি সি বাহুলহঁতৰ আগত প্রবল উৎসাহ উদ্দীপনাৰে চহৰৰ বর্ণনা এটা দিলে। কিনো চাবা চহৰত । ইটাৰে সজা ইমান ডাঙৰ ডাঙৰ ঘৰ। মেচিনেৰে বিচনী চলায়। মৌমাখিৰ ভুনভুননিৰ দৰে মিঠা নিমজ শব্দ হয়। তাক যিগৰাকী ডাক্তৰে পৰীক্ষা কৰিছিল তেওঁৰ গাতে লগাকৈ এটা বিচনী আছিল। বিচনীটোৱে তাকো হেনো ঘুৰি ঘুৰি বতাহ দিছিল। অজস্ৰ গাড়ী মটৰ ভিৰ। চহৰত যিমানটা তিনি চকীয়া চাইকেল আছে গাঁৱত হেনো সিমানটা দুচকীয়া চাইকেলো নাই। মানুহবোৰে শাৰী পাতি ৰাস্তাৰ বাও কাষেদি খোজ কাঢ়ি যায়। ল'ৰা- ছোৱালীবোৰে পৰিস্কাৰ-পৰিচ্ছন্ন কাপোৰ পিন্ধি পিঠিত বেগ ওলোমাই স্কুললৈ যায়। অফি, আদালত, চিনেমা হল, জমকীয়া দোকান- পোহাৰকে আদি কৰি কিমান যে চাবলগীয়া বস্তু আছে চহৰখনত !

দিলুৰ মুখৰপৰা চহৰৰ বৰ্ণনা শুনি ৰাহুল অভিভূত হৈ পৰিল। তাৰো চহৰ চোৱাৰ বাবে হেঁপাহ উপজিল। সিহঁতৰ গাঁৱখন চহৰৰপৰা বহু নিলগত। গাড়ী-মটৰৰ ব্যৱস্থা নাই। বিশেষ প্রয়োজন নহ'লে গাঁৱৰ মানুহবোৰ চহৰলৈ নাযায়। সৰু ল'ৰাছোৱালীৰ কাৰণে চহৰলৈ যোৱা কথাটো চন্দ্ৰ অভিযানলৈ যোৱাৰ লেখীয়া অভাৱনীয় কথা। ৰাহুলহঁতৰ গাঁৱখন নৈপৰীয়া হোৱা বাবে যন্ত্রচালিত নৌকাই সিহঁতৰ প্ৰধান বাহন। ৰাহুলে যন্ত্রচালিত নাৱেৰে চাৰিবাৰ্মান বুধবৰীয়া হাটলৈ গৈছে। নিজৰ গাঁৱখন এৰি বেলেগ ঠাইলৈ যোৱাৰ অভিজ্ঞতা ৰাহুলৰ সিমানখিনিয়ে।

দিলুই কোৱা কথাবোৰ ৰাহুলে তাৰ পাঠ্যপুথিত থকা চহৰৰ বৰ্ণনাৰ লগত মিলাই চালে। হুবহু নিমিলিলেও বহু কথা মিলি গ'ল তাৰ পাঠ্যপুথিত থকা বৰ্ণণাৰ লগত। বিস্ময়ৰ লগত দিলুৰ প্ৰতি ইর্ষাও উপজিল তাৰ।

দিলুহঁতৰ ঘৰৰপৰা আহি ৰাহুলে দেউতাকক বাৰাণ্ডাত বহি থকা দেখিলে। সি উৎসাহিত হৈ দেউতাকৰ ওচৰলৈ আহি তাক চহৰলৈ লৈ যোৱাৰ বাবে খাটনি ধৰিলে - দেউতা, মোক চহৰলৈ লৈ যাব লাগিব।

ৰাহুলৰ কথা শুনি দেউতাকে কৌতূহলী দৃষ্টিত ৰাহুলৰ ফালে চাই ক'লে- চহৰ! চহৰলৈ নো আকৌ কিয়?

ৰাহুলে উৎসাহিত কণ্ঠত ক'লে- দিলুই চহৰ চাইছে, ময়ো চাম।

উৰহীৰ ওৰ বিচাৰি পাই প্ৰসংগটো সিমানতে সামৰিবলৈ দেউতাকে ক'লে- ঠিক আছে। তোমাক মই স্বাধীনতা দিৱসৰ দিনা চহৰলৈ লৈ যাম। তেতিয়া দিলুতকৈও বহু বেছি বস্তু চাব পাৰিবা।

দেউতাকৰপৰা আশ্বাস পাই ৰাহুলৰ ল'ৰালি মন উৎফুল্লিত হৈ উঠিল।

সিদিনাৰপৰা ৰাহুলৰ মনত চহৰ সম্বন্ধে নানা জল্পনা-কল্পনা চলিল। অৱসৰ সময়ত ৰাহুল চহৰলৈ যোৱা ৰাস্তাৰ ফালে চাই থকা হ'ল। ক'ৰবাত চহৰৰ বিষয়ে কিবা কথা আলোচনা হ'লে সি সেইবোৰ আলোচনা মন দি শুনি থকা হ'ল। আলোচনাবোৰ শুনি তাৰ মনত কল্পনাৰ লহৰ উঠে- মনত ৰোমাঞ্চ অনুভৱ কৰে। দিন বাগৰাৰ লগে লগে তাৰ চহৰ চোৱাৰ হেঁপাহ বাঢ়নি পানীৰ সোঁতৰ দৰে ফেনে ফুটুকাৰে বাঢ়ি আহিবলৈ ধৰিলে।

স্বাধীনতা দিৱসলৈ আৰু কিমান দিন আছে? অৱসৰ সময়ত সি মনে মনে হিচাপ কৰে। কেতিয়াবা শ্ৰেণীত পাঠদান চলি থকাৰ সময়তো সি কথাটো ভাবে। এইদৰে ভাবি থাকোঁতেই এদিন হঠাৎ তাৰ অজানিতেই সি অসমীয়াৰ ছাৰক কথাটো সুধিয়ে পেলালে ছাৰ, স্বাধীনতা দিৱসলৈ আৰু কিমান দিন আছে?

ছাৰে চাৰ ফাঁকেৰে কৌতূহলী দৃষ্টি মেলি ৰাহুলৰ ফালে চাই ক'লে- গৰমৰ বন্ধৰ পাছত যেতিয়া পুনৰ পাঠদান আৰম্ভ হ', ঠিক তাৰ চৈধ্যদিন পাছতে স্বাধীনতা দিৱস। সিদিনা হ'ব আগষ্ট মাহৰ পোন্ধৰ তাৰিখ। ১৯৪৭ চনৰ পোন্ধৰ আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিচৰ শাসনৰপৰা মুক্ত হৈছিল। সিদিনা আছিল শুক্রবাৰ। শুক্রবাৰ দিনা ৰাতি দুইমান বজাত ব্ৰিটিছ চৰকাৰৰ প্ৰতিনিধি ভাইচৰয় লর্ড মাউন্টবেটেন আৰু আমাৰ দেশৰ নেতাসকলৰ মাজত এখন চুক্তি সম্পাদন হৈছিল আৰু সেই চুক্তি মৰ্মে আমাৰ দেশ স্বাধীন হৈছিল। গতিকে সেই দিনটোৰ কথা সুঁৱৰি প্ৰতি বছৰে পোন্ধৰ আগষ্টৰ দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰা হয়।

এইদৰে দীঘলীয়া বৰ্ণনা এটা দি ছাৰে ক'লে- স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উৰোৱা হয়। তোমালোকে দেখোন প্রতি বছৰে কামটো কৰিয়ে আহিছা

এইবাৰো জতীয় পতাকা উত্তোলন কৰা হ'ব। জাতীয় পতাকা আমাৰ স্বাধীনতাৰ প্রতীক। পতাকাখনে আমাৰ দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ পৰিচয় দিয়ে। সকলো স্বাধীন ৰাষ্ট্ৰৰে জাতীয় পতাকা আছে। আমাৰ জতীয় পতাকাখন তিনি বৰণীয়া। ওপৰে গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল বৰণ আছে। মাজৰ বগা অংশত আশোক চক্র আছে। এই তিনিটা ৰঙবো তাৎপর্য আছে। ওপৰৰ গেৰুৱা বৰণে ত্যাগ, মাজৰ বগা বৰণে শান্তি আৰু তলৰ শ্যামল বৰণে আমাৰ শৌর্য-বীর্যৰ পৰিচয় দাঙি ধৰিছে। মাজৰ আশোক চক্ৰই আমাৰ প্ৰগতিৰ পৰিচয় বহন কৰিছে। পতাকাখন আমাৰ দেশৰ সংহতি আৰু আদৰ্শৰ প্ৰতীক।

এৰা, প্রত্যেক বছৰে জাতীয় পতাকা উৰোৱাটো ৰাহুলে প্ৰত্যক্ষ কৰি আহিছে। জাতীয় পতাকা উৰোৱাৰ দিনা ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হয়। ৰাহুলে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খেল-ধেমালিত অংশ গ্রহণ কৰি পোৱা নাই। বুলুই দৌৰ প্রতিযোগিতা, কুকুৰা যুঁজ আদিত প্ৰায়ে পুৰস্কাৰ পায়। বাহলৰ কিন্তু ভাল লাগে তিনি ঠেঙীয়া দৌৰহে। ছাৰ সকলে কয়- পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়, প্রতিযোগিতাত অংশ গ্ৰহণ কৰাটোহে ডাঙৰ কথা। প্রতিযোগিতাত হাৰিলেও একো লাজৰ কথা নহয়। ৰাহুলৰ কিন্তু লাজ অলপ বেছি। হাৰিলে লাজ পোৱাৰ ভয়ত সি প্ৰতিযোগিতাত অংশ গ্ৰহণ নকৰে। কিন্তু এই বেলি সি লাজ পোৱাৰ ভয়ত প্রতিযোগিতাত অংশ গ্ৰহণ নকৰাকৈ নাথাকে। এই বেলি সি প্রতিযোগিতাত অংশ গ্রহণ কৰিবই। কিন্তু.....

হঠাৎ ৰাহুলৰ এষাৰ কথা মনত পৰি গ'ল। সি দেখোন এই বেলি স্বাধীনতা দিৱসৰ দিনা চহৰলৈ যাব! তেনেহ'লে সি প্রতিযোগিতাত অংশ গ্রহণ কৰিব কেনেকৈ? নাই নাই, এই বেলি সি প্রতিযোগিতাত অংশ গ্ৰহণ কৰাটো সম্ভৱ নহ'ব। অহা বেলি নিশ্চয় কৰিব। ছাৰে কোৱা অনুসৰি স্বাধীনতা দিৱসলৈ আৰু পুৰা দুমাহ আছে। কাৰণ পোন্ধৰ দিন পাছতহে গৰমৰ বন্ধ পৰিব।

দিন বাগৰাৰ লগে লগে ৰাহুলৰ উৎকণ্ঠা বাঢ়ি আহিবলৈ ধৰিলে। চহৰলৈ যোৱাৰ বাবে সি কিছু প্রস্তুতিও চলালে। তাক মিঠে খাবলৈ দিয়া পইচাৰপৰা সি দুই চাৰি পইচাকৈ সাঁচি ত্ৰিছ টকা জমা কৰিলে। সি ছুটকোচ এটা কিনাৰ বাবে সিদ্ধান্তও ল'লে। বগৰী, লেতেকু, জলফাই, তেঁতেলি আদি আনি থ'লে ববিতাই সেইবোৰ খাই পেলায়। তাইৰ যে টেঙাৰ প্ৰতি ইমান লোভ ! টেঙা দেখিলেই তাইৰ লেলাউটি ওলায়। টেঙাৰ কথা মনলৈ অহাৰ লগে লগে ৰাহুলৰ মুখখনো পানীৰে ভৰি পৰিল। দুই তিনি বাৰ্মান জিভাখন টকালি সি সেপ গিলিলে। ধেৎঃ টেঙাৰ কথা মনত পৰাৰ লগে লগে তাৰো দেখোন জিভাৰ পানী ওলাল। চুটকেচটো কিনিব পাৰিলে ববিতাৰ টেঙা খোৱাৰ মুদা মৰিব। কাৰণ তেতিয়া টেঙাবোৰ আনি সি বাকচত ভৰাই তলা মাৰি থ'ব।

প্রত্যাশিত দিনটোলৈ দুদিন বাকী থাকোঁতে ৰাহুলে হাফপেন্ট আৰু হাফচাৰ্ট ভাঁজ কৰি গাৰুৰ লগত থৈ দিলে । সিহঁতৰ ইঞ্জি নাই। বুলুই কৈছে, গাৰুৰ তলত থৈ দিলে হেনো কাপোৰ ইস্ত্রি হয়। বুলুৰ কথা অনুসৰিয়ে সি কামটো কৰিলে।

স্বাধীনতা দিৱসৰ আগদিনা বিদ্যালয় চৌহদ চাফা কৰা হ'ল। পতাকা উত্তোলন কৰা ঠাইডোখৰত ঘূৰণীয়াকৈ বৃত্ত এটাও অঁকা হ'ল। আন আন ছাত্ৰ-ছাত্ৰীৰ লগত ৰাহুলেও অতি উৎসাহেৰে কামবোৰ কৰি গ'ল। লগৰ ল'ৰা-ছোৱালীৰ আগত সি চহৰলৈ যোৱাৰ কথা কৈ গৰ্বও কৰিলে।

ৰাতি ভাত-পানী খোৱাৰ পাছত ৰাহুলে দেউতাকক ক'লে- দেউতা, খুব পুৱাতে ওলাব লাগিব। নহ'লে স্কুলৰ কাষেদি যাওঁতে ছাৰসকলে যাবলৈ নিদিবও পাৰে ।

দেউতাকে 'বাৰু' বুলি শলাগি বেলেগ কথাৰ পাতনি মেলিলে।

ৰাতি ৰাহুলৰ লিখা-পঢ়া কৰা নহ'ল। পলমকৈ ওলে টোপনিৰপৰা উঠাত পলম হ'ব বুলি ভাবি সি ৰাতি ভাত-পানী খায়ে শুই পৰিল । ৰাতি সি এটা সপোন দেখিলে। সি চহৰলৈ গৈছে। সি দেউতাকৰ আগে আগে খোজ কাঢ়ি গৈ আছে। দিলুৰ মুখত শুনা সকলোবোৰ বস্তু তাৰ চকুত পৰিছে। তাৰ কিমান যে উৎসাহ! সি বাৰে বাৰে দেউতাকক পিছ পেলাই আগবাঢ়ি গৈছে। দেউতাকে পাছফালৰপৰা মাতি তাক লাহে লাহে যাবলৈ সঁকীয়াই আছে।

ৰাতি পুৱাল। হাত-মুখ ধুই ৰাহুল দেউতাকৰ ওচৰলৈ আহি সুধিলে- দেউতা, কেতিয়া যাব।

কলৈ?

চহৰলৈ ।

চহৰলৈ! অ' চহৰলৈ যোৱাৰ কথা কৈছা। দেউতাকে নিৰ্বিকাৰ ভাবে ক'লে- আজি নাযাও। কাইলৈ যাম বাৰু। স্বাধীনতা দিৱসৰ দিনা হেনো চহৰত বৰ ভিৰ হয়। সেয়ে কাইলৈ গ'লে সুবিধা হ'ব।

দেউতাকৰ কথা শুনি ৰাহুলৰ বুকুখন হম্হমাই উঠিল। সি জেদ ধৰি ক'লে- নাই নাই, আজিয়ে যাম। কাইলৈ নাযাও।

দেউতাকে কৃত্রিম ধমকিৰ সুৰত ক'লৈ- যি কৈছো তাকে কৰাচোন। আজি মোৰ বিশেষ সকাম আছে। সেয়ে আজি যাব নোৱাৰিম। দুদিনমান পাছত যাব লাগিব। আজি স্কুলতে খেলা-ধূলা হ'ব নহয়। আজি তাকে চোৱাগৈচোন।

দেউতাকৰ কথা শুনি ৰাহুলৰ অন্তৰাত্মা হাহাকাৰ কৰি উঠিল। দেউতাকে যে তাক আভুৱাভাঁৰিছে এই কথা বুজিবলৈ তাৰ বাকী নাথাকিল। নহ'লে কাইলৈৰ কথা কৈ আকৌ দুদিনমান পাছত যোৱাৰ কথা ক'লৈ কিয়? তাৰ মনটো উৰুঙা উৰুঙা লাগিবলৈ ধৰিলে। ইমান দিনে সি চহৰলৈ যোৱাৰ বাবে মনত যি আশা পুহি ৰাখিছিল সেয়া যেন ৰামধনুৰ ৰঙৰ দৰে মিলি যাবলৈ ধৰিলে।

ৰাহুলৰ মনটো হতাশাত ভৰি পৰিল। বুকুখন হম্‌হমাবলৈ ধৰিলে। সি যদি আজি চহৰলৈ নগৈ স্কুললৈ যায় দিলু, বুলুহঁতে বাৰু তাক কি বুলি ক'ব! সিহঁতে তাক ঠাট্টা নকৰিবনে বাৰু?

দেউতাকৰ ওপৰত তাৰ প্ৰচণ্ড খং উঠি গ'ল। দেউতাকে তাক বাক ইমানদিন কিয় আভুৱাভাৰিলে? সৰু হ'ল বুলি তাৰ মান-সন্মান নাই নেকি? সমনীয়া ল'ৰাবোৰৰ আগত সি মুখ উলিয়াব কেনেকৈ?

ৰাহুল আক্রোশ, হতাশাত উন্মত্ত প্ৰায় হৈ উঠিল। প্ৰতিক্ৰিয়া হিচাপে সি তাৰ কিতাপ-ফলি মজিয়ালৈ বুলি দলিয়াবলৈ ধৰিলে। বিচনাৰ চাদৰ গাৰু আদিও মজিয়াত দলিয়াই পেলালে। প্রচণ্ড ক্ৰোধত উন্মত্তপ্রায় হৈ সি নিজৰ হাতত নিজে কামুৰিলে।

এনেতে কাপোৰ-কানি পিন্ধি ববিতা স্কুললৈ বুলি ওলাই গ'ল। বেজাৰ মনেৰে ৰাহুল ববিতাৰ অপসৃয়মান দেহৰ ফালে চাই থাকিল। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি অকলেই যাব চহৰলৈ। সি চহৰলৈ কোনোদিন যোৱা নাই যদিও কোনটো বাটেৰে যাব লাগে সেয়া জানে। ভবামতেই কাম। সি স্কুলীয়া মোনাত কাপোৰ-কানি ভৰাই সন্তর্পণে বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ ওলাই সি কেউফালে দৃষ্টি বোলালে। নাই বাহিৰত কোনো নাই। মাক পাক ঘৰত ৰন্ধা-বঢ়াত ব্যস্ত আৰু দেউতাক বজাৰত। দেউতাক কিছু সময় আগতে স্থানীয় বজাৰখনলৈ বুলি ওলাই গৈছে। ববিতাও স্কুলত। সেয়ে ঘৰখনত তাক বাধা দিয়াৰ বাবে কোনো মানুহ নাই। তথাপিও সি সতৰ্কতাবশতঃ ঘৰৰ আগ ফালেদি ওলোৱাৰ পৰিবৰ্ত্তে পাছ ফালেদি ওলাই পথাৰৰ মাজে মাজে খোজ ল'লে।

পথাৰৰ মাজে মাজে আহি সি স্থানীয় বজাৰখন পাৰ হৈ চহৰলৈ যোৱা ৰাস্তাত উঠিল। নানা জল্পনা-কল্পনাৰ সোঁতত উটি ভাহি সি দ্রুত গতিত খোজ কাঢ়িবলৈ ধৰিলে। তিনি চাৰি ঘণ্টামান খোজ কঢ়াৰ পাছত সি মানুহ-দুনুহৰে ভৰি থকা এডোখৰ ঠাই পালেঠাইডোখৰৰ নাম সি নাজানে। জক্‌‍কীয়া দোকান-পোহাৰ আৰু মানুহৰ ভিৰ দেখি সি সেই ঠাইডোখৰকে চহৰ বুলি ভাবিলে। কিন্তু দিলুই কোৱা অনুসৰি চহৰলৈ যাবলৈ হ'লে বোলে বাছত উঠি যাব লাগে। কিন্তু সি দেখোন এতিয়ালৈকে বাছত উঠি অহা নাই! গতিকে ঠাইডোখৰ নিশ্চয় চহৰ নহয়। বেলেগ ঠাইহে। এইদৰে মনতে ভাবি সি আগবাঢ়িল। কিছুদূৰ অহাৰ পাছত সি তিনি চাৰিখন বাছ এঠাইত ৰৈ থকা দেখিলে। বাস্তৱত সি বাছ দেখা নাই যদিও তাৰ পাঠ্যপুথিত থকা বাছৰ ছবি দেখিছে। ছবিৰ লগত মিলাই চায়ে সি সেইবোৰ বাছ বুলি ধৰিব পাৰিলে।

দুৰুদুৰু বুকুলৈ ৰাহুল বাছৰ ওচৰলৈ আহিল। কৌতূহলী দৃষ্টিত সি বাছবোৰৰ ফালে চাবলৈ ধৰিলে। তাক তেনেকৈ চাই থকা দেখি হেণ্ডিমেন এজনে সুধিলে- ভাইটি চহৰলৈ যাবা নেকি ?

চহৰৰ কথা শুনি ৰাহুলৰ বুকুখন ঢপাবলৈ ধৰিলে। সি মুখেৰে একো নামাতিলে। মূৰ দুপিয়াই সন্মতি প্রকাশ কৰিলে।

হেণ্ডিমেনজনে ক'লে- যোৱা যদি উঠাহি। বাছ এৰিবই।

ৰাহুল বাছত উঠি বহিল।

কিছুসময় পাছত বাছখন দৌৰিবলৈ ধৰিলে। তাৰ জীৱনৰ প্ৰথম বাছ ভ্ৰমণ। উত্তেজনাত তাৰ বুকুখন ঢপ্‌ঢপাবলৈ ধৰিলে। দেউতাক তাৰ লগত থাকিলে যে কিমান মজা হ'লহেঁতেন! কোনোবা চিনাকি মানুহ লগ পোৱাৰ আশাত সি যাত্রীবিলাকলৈ চাই পঠিয়ালে; কিন্তু এজন চিনাকি মানুহো তাৰ চকুত নপৰিল। তাৰ মনটো সেমেকি উঠিল। হৃদয় হাহাকাৰ কৰি উঠিল।

কিছুদূৰ অহাৰ পাছত ৰাস্তাৰ মানুহ পাতল হৈ আহিবলৈ ধৰিলে। ৰাস্তাৰ দুকাষে ৰাহুলহঁতৰ গাঁৱখনৰ দৰে সৰু সৰু জুপুৰি ঘৰ। দুই চাৰিটা টিনপাতৰ ঘৰো তাৰ চকুত পৰিল। বাছখন আগবঢ়াৰ লগে লগে ৰাস্তাত পুনৰ মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ৰাস্তাৰ দাঁতিত আটক ধুনীয়া পকী ঘৰ কিছুমানো তাৰ চকুত পৰিল। পিচ দিয়া কিচ্‌কিচীয়া ক'লা আহল-বহল নিমজ পকী ৰাস্তা। তাৰ শিশুমনে জনাই দিলে যে চহৰ পাবলৈ আৰু বেছি দেখি নাই। বাছখন আৰু অধিক আগবঢ়াৰ পাছত সি ৰাস্তাত লানি নিছিগা মানুহৰ ভিৰ প্ৰত্যক্ষ কৰিলে। তাৰ মন ভয়- শংকা আনন্দত আন্দোলিত হৈ উঠিল।

এটা সময়ত বাছখন জণাকীৰ্ণ এডোখৰ ঠাইত ৰৈ গ'ল। ঠাইডোখৰ পে-পৈা ধ্বনিৰে মুখৰিত । বহু মানুহৰ ভিৰ। ৰাহুল উঠি অহা বাছখনৰ দৰে আৰু বহু কৈইখন বাছ বিক্ষিপ্ত ভাবে অ'ত ত'ত ৰৈ আছে। ৰাহুলে নাম নজনা নানা ঠাইৰ নাম ধৰি কিছুমান মানুহে চিঞৰি আছিল।

বাছত অহা আন আন মানুহৰ লগত ৰাহুল বাছৰপৰা নামিল। কৌতূহল উত্তেজনাত সি বগলীৰ দৰে ডিঙি মেলি মেলি তাৰ চাৰিওফালে চাবলৈ ধৰিলেকিন্তু ঠাইডোখৰৰ তলা-নলা সি উলিয়াব নোৱাৰিলে। অৱশেষত বাছৰপৰা নমা মানুহবিলাকৰ পিছে পিছে সি খোজ ল'লে। কিছুদূৰ অহাৰ পাছতে সি এটা ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে। নিমজ পিচল বাট। দুকাষে শাৰী শাৰী দোকান। দোকানসমূহত নানা বস্তুৰ সমাহাৰ ।

দোকান ঘৰটো পাৰ হোৱাৰ পাছত সি বেলেগ এটা আহল-বহল ৰাস্তা পালে। ৰাস্তাটো আগতে দেখা ৰাস্তাবোৰতকৈও অধিক জনাকীর্ণ। প্রচণ্ড ভিৰ। অহাই আহিছে, যোৱাই গৈছে। মানুহবিলাক ভীষণ ব্যস্ত। কোনেও কাৰো ফালে চোৱাৰ আহৰি নাই। আটায়ে একান্ত মনে নিজৰ নিজৰ গন্তব্যস্থানৰ ফালে আগবাঢ়িছে।

কোনফালে যাব ইয়াকে ভাবি ৰাহুল কিছু সময় কিংকর্তব্যবিমূঢ় হৈ ৰৈ থাকিল। তাৰ পাছত সি বাওফালে ঘূৰি পোনে পোনে খোজ ল'লে। ৰাস্তাৰ দুকাষে জমকীয়া দোকান-পোহাৰ। দোকানবোৰত নানা বস্তুৰ সমাহাৰ। কিছুদূৰ অহাৰ পাছত সি এখন দোকানৰ সন্মুখত টিনৰ বাকচ অর্থাৎ চুটক্যেচ কিছুমান সজাই থোৱা দেখিলে। চুটকেচবোৰ দেখি তাৰ চুটক্যেচ কিনাৰ কথা মনত পৰি গ'ল। সি থমকি ৰৈ দুৰুদুৰ বুকুলৈ চুটক্যেচবোৰৰ ফালে চাই ৰ'ল। সৰু-বৰ নানা আকাৰৰ চুটকোচ ঠাহ খাই আছে দোকানখনত। দোকানত গ্ৰাহকৰ ভিৰ। তাক তেনেকৈ থিয় হৈ থকা দেখি মানুহ এজনে সুধিলে- কি লাগে?

ৰাহুলে সেপ ঢুকি ক'লে- চুটক্যেচ।

মানুহজনে ব্যৱসায়ীসূলভ ভংগীত ক'লে- আহা, ভিতৰলৈ সোমাই আহা।

ৰাহুল বুজিব পাৰিলে মানুহজন নিশ্চয় দোকানৰ মালিক। সেয়ে সি দোকানীজনৰ আহ্বানক্রমে দোকানখনৰ ভিতৰলৈ সোমাই আহিল ।

দোকানীজনে চুটকোচবোৰলৈ চকু ফুৰাই ক'লে- কোনটো ল'বা ?

ৰাহুলে ৰঙা ক'লা চানেকীয়া চুটক্যেচ এটালৈ আঙুলিয়াই ক'লে- সৌৱা, সৌটো...

সেইটো ল'লে বিছ টকা লাগিব। দোকানীয়ে ক'লে।

ৰাহুলে কোনো ধৰণৰ দাম-দৰ নকৰাকৈ পকেটৰপৰা পাঁচটকীয়া চাৰিখন নোট উলিয়াই দোকানীজনৰ হাতত দিলে।

দোকানীজনে তিনি টকা ঘূৰাই দি চুটক্যেচটো কাগজেৰে মেৰিয়াই ৰাহুলৰ হাতত দিলে। চুটকেচটো কান্ধতলৈ ৰাহুল দোকানৰপৰা ওলাই আহিল।

কিছুদুৰ অহাৰ পাছত এখন শ্বোক্যেচৰ ভিতৰত নানা ধৰণৰ লোভনীয় মিঠে সজাই থোৱা ৰাহুলৰ চকুত পৰিল ।

ৰাতিপুৱা সি ঘৰৰপৰা কোনো বস্তু খাই অহা নাছিল। ইমান সময় বিস্ময় উত্তেজনাত সি ভোকৰ কথা পাহৰি আছিল। কিন্তু সন্মুখত খোৱাবস্তু দেখি তাৰ পেটৰ ভোক কল্‌মলাই উঠিল। দোকানখন চাহৰ দোকান বুলি সি চিনিবও পাৰিলে। কাৰণ সিহঁতৰ বজাৰখনতো কেবটাও চাহৰ দোকান আছে। দেউতাকৰ লগত সি তাত কেবাদিনো চাহ খাইছে। ৰাহুলহঁতৰ ঘৰত চাহ খোৱাৰ ব্যৱস্থা নাই। সেয়ে প্রথমদিনা চাহ খাওঁতে তাৰ জিভা পুৰিছিল। তিনিদিন সি ভালদৰে ভাত খাব পৰা নাছিল ।

দোকানখনৰ ভিতৰলৈ সোমাই সি শাৰী শাৰীকৈ সজাই থোৱা চকী এখনত বহি পৰিল। বাহুলতকৈ বয়সত ডাঙৰ ল'ৰা এজনে তাৰ সন্মুখত পানীৰ গিলাচ এটা ঠাট্‌কৈ নমাই থৈ সুধিলে- কি খাবা?

একমাত্র মিঠেৰ বাহিৰে শ্বোক্যেচত সজাই থোৱা প্ৰায়বোৰ বস্তুৰে ৰাহুলে নাম নাজানে। সেয়ে সি বিশেষ বস্তু এপদলৈ আঙুলিয়াই ক'লে- সৌটো...

দোকানী ল'ৰাজনে ৰাহুলে আঙুলিয়াই দেখুৱা বস্তুটো অৰ্থাৎ চিঙাৰা এটা প্লেটত সজাই ৰাহুলৰ সন্মুখত থৈ সুধিলে- চাহ খাবা নেকি ?

 ৰাহুলে সন্মতিসূচক মূৰ দুপিয়াই ক'লে- খাম।

দোকানী ল'ৰাজনে চাহ একাপ আনি ৰাহুলৰ সন্মুখত থ'লে। চিঙাৰা খোৱাৰ পাছত চাহ কাপ খাই পইচা দি ৰাহুল দোকানৰপৰা ওলাই আহিল।

ৰাস্তালৈ আহি সি পুনৰ আগৰ দিশতে আগবাঢ়িবলৈ ধৰিলে। কিছুদূৰ অহাৰ পাছত সি এখন সৰু নদী পালে। নদীৰ ওপৰত কাঠৰ দলং। নদীখন সিহঁতৰ ব্ৰহ্মপুত্ৰৰ তুলনাত তাৰ মনত খাল এটাৰ দৰে অনুমান হ'ল। নদীৰ পাৰ পাই সি সোঁহাতে ঘুৰি পোনে পোনে আগবাঢ়িবলৈ ধৰিলে। কেৱল মানুহেই মানুহ। বিৰ দি বাট নোপোৱা অৱস্থা। ইমান মানুহ যে একেলগে গোট খাব পাৰে সেয়া তাৰ কল্পনাৰো অগোচৰ আছিল। ভিৰ ঠেলি কিছুদুৰ আগবাঢ়ি অহাৰ পাছত নদীৰ বুকুত থকা ৰঙচঙীয়া নাও কিছুমান তাৰ চকুত পৰিল। নাওবোৰৰ দুকাষে মানুহ কিছুমান শাৰী শাৰীকৈ বহি আছে। প্ৰত্যেকৰে হাতত ৰঙচঙীয়া বঠা। নাৱৰ মাজ ভাগত চাৰি পাঁচজনকৈ মানুহ ৰৈ আছে। সিহঁতে নানা অংগী-ভংগী কৰি তাল বজাই গীত গাই আছে। মানুহৰ ঠেলা-হেঁচা আৰু হাই-উৰুমিত গীতবোৰৰ এটা শব্দও তাৰ কাণত নপৰিল। কিন্তু সি উপলব্ধি কৰিব পাৰিলে যে সেয়া নাওখেল প্রতিযোগিতাৰ নাও আৰু মানুহবোৰে নাওখেল গীত গাই আছে।

নাওখেল চোৱাৰ অভিজ্ঞতা ৰাহুলৰ আগৰে পৰাই আছে। সিহঁতৰ গাঁৱৰ গাতে লগা ব্ৰহ্মপুত্ৰ নদত প্ৰতি বছৰে নাওখেল প্রতিযোগিতা হয়। কিন্তু সেইবোৰ নাও টিনপাতৰ- এইবোৰ নাৱৰ দৰে কাঠৰ নহয়।

নাওখেলৰ কথা মনত পৰাৰ লগে লগে ৰাহুলৰ হঠাৎ ঘৰলৈ মনত পৰি গ'ল। সি বেলিটো চাবলৈ যত্ন কৰিলে। কিন্তু বিফল হ'ল। বেলিটো গছ-গছনিৰ আঁৰত লুকাই থকা কাৰণে তাৰ চকুত নপৰিল । ৰাহুলে ভাবিলে, নিশ্চয় বেলি বেছি নাই। এতিয়া নগ'লে বাটতে ৰাতি হ'ব। ৰাতি হ'লে সি অকলে যোৱাটো সম্ভৱ নহ'ব।

এখন্তেকো পলম নকৰি ৰাহুল পুনৰ অহা বাটেৰে ওভতনি যাত্ৰা আৰম্ভ কৰিলে। কেই মিনিটমান পাছতে সি বাছ আস্থান পালেহি।

কিন্তু সি কোনখন বাছত উঠিব ! অসংখ্য বাছ। প্ৰায়বোৰ বাছ দেখাত প্রায় একেই। মাথোন ৰঙৰহে পাৰ্থক্য আছে। সি ৰাতিপুৱা অহা বাছখন বগা আৰু নীলা চানেকীয়া ৰঙৰ আছিল । সি ভিৰ ঠেলি ঠেলি ৰাতিপুৱা অহা বগা নীলা চানেকীয়া বাছখন বিচাৰিবলৈ ধৰিলে। তাৰ ভাগ্য ভাল। কিছুদূৰ অহাৰ পাছতে সি ৰাতিপুৱা অহা বাছখন পালে। হেণ্ডিমেনজনক সি চিনিবও পাৰিলে। হেণ্ডিমেনজনেও তাক চিনিব পাৰিলে। তাক দেখি হেণ্ডিমেনজন আগবাঢ়ি আহি সুধিলে- যাবা নেকি, ভাইটি? যোৱা যদি সোনকালে উঠাবাছ এৰিবই।

ৰাহুল বাছত উঠি বহিল। খন্তেক পাছতে বাছখন এৰিলে। যথাসময়ত বাছখন আহি গন্তব্যস্থান পালে। মানুহবোৰে বাছৰপৰা নামিবলৈ হেতা-ওফৰা লগালে। ৰাহুল বাছৰ দুৱাৰমুখলৈ অহাৰ লগে লগে মানুহ এজনে তাক ঠেলা মাৰি দিলে। সি মানুহ এজনৰ চোলাত ধৰি কোনোমতেহে নপৰাকৈ থাকিল।

ৰাহুল চোলাত ধৰা মানুহজনে নিজকে কোৱাদি ক'লে মানুহবিলাকৰ কাণ্ডজ্ঞান একেবাৰে নোহোৱা হ'ল। সৰু ল'ৰা এজনক এইদৰে ঠেলা মাৰি নামিব লাগেনে?

ৰাহুলক ঠেলা মৰা মানুহজন ইতিমধ্যে বাছৰপৰা নামি গৈছিল। যিয়ে নহওঁক চোলাত ধৰা মানুহজনে তাক দাঙি বাছৰপৰা নমাই দিলে। কৃতজ্ঞতাত ৰাহুলৰ চকুযোৰ চল্‌চলীয়া হৈ উঠিল।

ৰাহুল ভিৰ ঠেলি আগবাঢ়িবলৈ ধৰিলে। আহি আহি সি ৰাতিপুৱা ঘৰৰপৰা অহা বাটটো পালেহি। বাটটো ভালদৰে নিৰীক্ষণ কৰি সি বেলিটোলৈ চাই পঠিয়ালে । ৰঙা বেলিটোৱে যেন তাক বিদ্রূপ কৰি উঠিল ।

বেলিটো কণীৰ কুহুমৰ দৰে ৰঙা। তিনি চাৰি হাতমান নামিলেই বেলিটো পশ্চিমাকাশত অদৃশ্য হৈ পৰিব। দৌৰি গ'লেও বেলি ডুবাৰ আগতে সি ঘৰ গৈ পোৱাটো সম্ভৱ নহ'ব।

ৰাহুলৰ বুকুখন চিৰিংকৈ উঠিল। বাটত ৰাতি হ'লে কি কৰিব সি ঘৰলৈ যাব নোৱাৰিলে সি থাকিব ক'? তাৰ ঘৰখনলৈ মনত পৰিল। মাক, দেউতাক, ববিতাৰ মুখ তাৰ মনৰ পৰ্দাত ভাহি উঠিল। আপোন মুখবোৰ যে কিমান আপোন প্ৰথমবাৰৰ কাৰণে তাৰ উপলব্ধি হ'ল। ঘৰৰ মানুহে হয়তো তাক বিচাৰি চলাথ কৰিছে। ঘৰৰপৰা এনেকৈ অকলে কাকো নজনোৱাকৈ ওলাই অহাটো যে উচিত হোৱা নাই প্রথম বাৰৰ কাৰণে সি উপলব্ধি কৰিলে। তাৰ বুকুখন হম্হমাই উঠিল। সি চিনাকি মানুহ বিচৰাৰ সিদ্ধান্তলৈ ভিৰ ঠেলি ঠেলি আগবাঢ়িবলৈ ধৰিলে।

ৰাহুলৰ কপাল বেয়া। বহুদূৰ আগবঢ়াৰ পাছতো এজন চিনাকি মানুহো তাৰ চকুত নপৰিল। তথাপি সি নিবাশ নহ'ল। ভিৰ ঠেলি সি আগবাঢ়ি থাকিল । সি আহি আহি এখন নদীৰ পাৰ পালেহি। নদীৰ পাৰত অসংখ্য মানুহৰ ভিৰ। মানুহৰ চিঞৰ-বাখৰত ঠাইডোখৰ মুখৰিত । তাৰ বয়সৰ ল'ৰা-ছোৱালী কিছুমানে ৰঙচঙীয়াকৈ সজোৱা ঘোঁৰা এটাৰ পিচে পিচে উকলিকৃত হৈ দৌৰি আহি আছিল। কিন্তু ৰঙচঙীয়া ঘোঁৰাটোৱেও তাক আকৰ্ষণ কৰিব নোৱাৰিলে। কাৰণ আনন্দ উপভোগ কৰিবলৈ হ'লেও এখন নিৰাপদ মনৰ প্ৰয়োজন। তাৰ যে নিৰাপত্তাই নাই! সি আনন্দ উভোগ কৰিব কেনেকৈ? সি যেন এই পৃথিৱীখনত একমাত্র নিঠৰুৱা প্রাণী এনেকুৱা উপলব্ধি হ'ল তাৰ। একমাত্ৰ হতাশাৰ বাহিৰে আনন্দ বুলিবলৈ যেন তাৰ একোৱে নাই। জনসমুদ্ৰৰ মাজতে যেন সি কোনোবা অজ্ঞাত পৃথিবীত বিচৰণ কৰি আছে। তাৰ চকুযোৰ চল্‌চলীয়া হৈ উঠিল।

চিনাকি মানুহ বিচাৰি ৰাহুল হতাশ হৈ পৰিল। বুকু হতাশাই তাৰ দেহ-মন আচ্ছন্ন কৰি পেলালে। অৱশেষত সি সিদ্ধান্ত ল'লে যে, যদি কোনো চিনাকি মানুহ বিচাৰি নাপায় তেনেহ'লে সি এঠাইত থিয়হৈ চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিব। তাৰ কান্দোন শুনিলে নিশ্চয় কোনোবা সদাশয় মানুহে তাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। চকু পানীৰ বাহিৰে মানুহৰ অন্তৰ জয় কৰাৰ কাৰণে সি বেলেগ কোনো উপায় ভাবি উলিয়াব নোৱাৰিলে। কিন্তু কন্দাৰ কথা ভবাৰ লগে লগে এক অজান লাজে তাৰ দেহ-মন আচ্ছন্ন কৰি পেলালে। কন্দা-কটা আৰম্ভ কৰিলে তাক মানুহে বেবি-কুৰি ধৰি নানানটা প্রশ্ন সুধিবলৈ আৰম্ভ কৰিব। সি মাক-দেউতাকক নজনোৱাকৈ ঘৰৰপৰা অকলে ওলাই অহাৰ কাৰণে হয়তো দুই চাৰিজনে তাক গালি-শপনিও পাৰিব। তদুপৰি সি কন্দাৰ কথাটো ঘৰলৈকো যাবগৈ। ঘৰৰপৰা কথাটো দিলু, বুলু লগতে স্কুলৰ সহপাঠী এনেকি স্কুলৰ ছাৰসকলেও শুনিব। তেতিয়া সি সিহঁতৰ আগত মুখ উলিয়াব কেনেকৈ? নাই নাই সি নাকান্দে। তেনেহ'লে সি কি কৰিব? হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি কোনোবা মানুহৰ ঘৰত অতিথি থাকিব পাৰে দেখোন। সিহঁতৰ গাঁৱখন নৈপৰীয়া। পাঘাট সিহঁতৰ ঘৰৰ ওচৰতে। চৰৰ মানুহ নৈ পাৰহৈ সদৰলৈ অহা-যোৱা কৰে। কেতিয়াবা নৈ পাৰ হ'ব নোৱাৰিলে বহুতো মানুহ সিহঁতৰ ঘৰত অতিথি থাকে। বেলেগ কোনো উপায় সিও আজি অতিথি থাকিব।

এইদৰে ভাবি ভাবি আগবাঢ়ি থাকোঁতেই কোনোবাই যেন পিচফালৰপৰা তাৰ নাম কাঢ়ি মাতিলে। তাৰ বুকুখন চিৰিংকৈ উঠিল। বুকু ভৰা আশালৈ সি পিচফালে চাই পঠিয়ালে হঠাৎ সিহঁতৰ গাঁৱৰে চন্দনৰ ওপৰত তাৰ চকু পৰিলভিৰ ঠেলি চন্দন তাৰ ফালেই আহি আছিল। চন্দন সিহঁতৰ গাঁৱৰে সৰবৰাহী যুৱক। গাঁৱৰ আটায়ে চন্দনক চিনি পায়। মানুহৰ বিপদ-আপদত চন্দন সদায় সকলোৰে আগত গে উপস্থিত হয়। চন্দনক ৰাহুল খুৰা বুলি মাতে। চন্দনক দেখি সি যেন হাতত বর্গ ঢুকি পালে। সি ভিৰ ঠেলি দৌৰি আহি চন্দনক সাৱটি ধৰি ফেকুৰি উঠিল। আনন্দতো যে চকু পানী ওলায় সিদিনা সি প্রথম উপলব্ধি কৰিলে।

চন্দনে ৰাহুলক সান্ত্বনা দিলে- নাকান্দিবিচোন। ক'লৈ গৈছিলি? ইয়ালৈ কেনেকৈ আহিলি? কাৰ লগত আহিছ? এইদৰে প্ৰশ্ন কৰি সি ৰাহুলৰ উত্তৰলৈ অপেক্ষা নকৰি ক'লে- ব', বেলি বেছি নাই। মই চাইকেল লৈ অহা কাৰণেহে যাব পাৰিম। নহ'লে ৰাতি ক'ৰবাত থাকিব লগা হ'লহেঁতেন।

তলমূৰ হৈ ৰাহুল চন্দনৰ কথাবোৰ শুনিলে । সি মুখেৰে এটা শব্দও উচ্চাৰণ নকৰিলে। এক অপৰাধবোধে তাৰ বাকৰুদ্ধ কৰি পেলালে।

ৰাহুলক মনে মনে থকা দেখি চন্দনে পুনৰ ক'লে- ব', যিমান সোনকালে যাব পাৰি সিমানেই মংগল। এন্ধাৰ ৰাতি। বাতি হ'লে বৰ দিগদাৰ হ'ব। ইফালে ঘৰতো আটায়ে চিন্তা কৰি আছে। তোক বিচাৰি নাপাই খুৰী আৰু ববিতা কান্দি কাটি অস্থিৰ হৈ উঠিছে৷ খুৰাও বলিয়াৰ দৰে হৈ গৈছে। ক'বলৈ গ'লে সমগ্ৰ গাঁৱখনে তোৰ কাৰণে চিন্তা কৰি আছে। স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু ছাৰসকলেও তোৰ খবৰ ল'বলৈ আহিছিল। দিশে দিশে মানুহ গৈছে তোক বিচাৰি। তই ঘৰগৈ পালেহে মানুহৰ মুখলৈ পানী আহিব।

চন্দনৰ কথাত গাঁৱখনৰ চিনাকি মুখবোৰ ৰাহুলৰ চকুৰ আগত ভাহি উঠিল। বাৰিষাৰ ঢলৰ দৰে তাৰ চকুৰপৰা লোতক বাগৰিবলৈ ধৰিলে।*

 

                    যাদু খেল দর্শন

সিদিনা পাঁচটকীয়া নোট এখন দি গণিতৰ শিক্ষকে ৰাহুলক দুবাকচ চকমাটি আনিবলৈ ওচৰতে থকা বজাৰখনলৈ পঠালে । নোটখন হাফপেন্টৰ পকেটত ভৰাই সি বজাৰলৈ বুলি লৰ মাৰিলে। একে লৰে আহি সি বজাৰ পালেহি।

বজাৰলৈ আহি সি বজাৰৰ এচুকত মানুহৰ জুম দেখি কৌতূহলী হৈ উঠিল ৷৷ সৰু বজাৰ। কেইখনমান চাহৰ দোকান আৰু পাঁচখনমান গেলামালৰ দোকান। চাহৰ দোকানবোৰ খালী পৰি আছে আৰু গেলামালৰ দোকানবোৰতো মানুহৰ ভিৰ নাই। সমগ্ৰ বজাৰখনে যেন ঠাইডোখৰত উবুৰি খাই পৰিছে।

সি লাহে লাহে জুমটোৰ ফালে আগবাঢ়ি আহিল। মানুহবোৰ গোলাকৃতি হৈ থিয় দি আছে আৰু এজন মানুহে সমবেত দর্শকসকলক উদ্দেশ্য কৰি নানা অংগী-ভংগী কৰি চিঞৰি চিঞৰি কিবা-কিবি কৈ আছে। মানুহজন যে এজন বাজিকৰ এই কথা উপলব্ধি কৰিবলৈ ৰাহুলৰ অসুবিধা নহ'ল। কাৰণ বজাৰখন সৰু হ'লেও আগে পাছে দুই চাৰিজন বাজিকৰ মাজে-সময়ে বজাৰখনলৈ আহে। বাজিকসকলে নানা ধৰণৰ খেল প্ৰদৰ্শন কৰি মানুহক আকৃষ্ট কৰি ঔষধ-পাতি বিক্ৰী কৰে। ৰাহুলে নিজেও কেইদিনমান খেল চাই আনন্দ উপভোগ কৰিছে। প্ৰায়বোৰ খেলেই যাদুৰ খেল। সেয়ে খেলবোৰ চাই তাৰ ভালো লাগে। গতিকে সি চকমাটিৰ কথা পাহৰি ভিৰ ঠেলি বাট উলিয়াই একেবাৰে আগফালে আহি থিয় হ'ল। সৰু ল'ৰা কাৰণে কোনেও বিশেষ হুকা-বধা নকৰিলে।

মানুহবোৰ বৃত্তাকাৰে থিয় হৈ আছিল আৰু মানুহে সৃষ্টি কৰা সেই বৃত্তৰ মাজত ৰাহুলৰ বয়সৰে এজন ল'ৰা চুচুক-চামাককৈ বহি আছিল।

কিছুসময় বক্তৃতা দিয়াৰ পাছত বাজিকৰ চুচুক-চামাককৈ বহি থকা ল'ৰাজনক ক'লা ৰঙৰ কাপোৰৰ থৈলা এটাত ভৰাই তাৰ ওপৰত আঁঠুৱা তৰি দিলে। আন এটা থৈলাত চাইকেলৰ টায়াৰ এডোখৰ ভৰালে। টায়াৰডোখৰ ভৰাই বাজিকৰে খৈলাৰ মুখ বন্ধ কৰিলে। কিন্তু কি আচৰিত! লগে লগে খৈলাৰ ভিতৰত সাপৰ দৰে কিবা এটাই ফোঁচফোঁচাবলৈ ধৰিলে। থৈলাৰ ভিতৰত যেন জীৱন্ত সাপ এডালহে লৰ-চৰ কৰি আছে। এনেকুৱা উপলব্ধি হ'ল ৰাহুলৰ। কাণ্ড দেখি সমবেত দৰ্শকসকলৰ চকু বিস্ফাৰিত হৈ উঠিল। অবিশ্বাস্য! বিস্ময় উত্তেজনাত আটায়ে হতবাক। টায়াৰডোখৰ থৈলাত ভৰোৱাৰ আগমুহূৰ্তত বাজিকৰে দৰ্শকসকলক থৈলাটো দেখুৱাইছিল। তেতিয়া থৈলাৰ ভিতৰত কোনো বস্তুই নাছিল। ৰাহুল নিজেও দেখিছিল খালী থৈলাটো। তেনেহ'লে মন্ত্ৰৰ বলতে টায়াৰডোখৰ সাপ হ'ল নেকি? ৰাহুলে কথাটোৰ একো তলা-নলা উলিয়াব নোৱাৰিলে। শিলপৰা কপৌৰ দৰে চকু বিস্ফাৰিত কৰি সি দৃশ্যটো উপভোগ কৰিবলৈ ধৰিলে।

টায়াৰৰ খেল চলি থাকোঁতেই বাজিকৰে মোনাৰপৰা চক্‌চকীয়া ছুৰী এখন উলিয়াই সেইখন জোকাৰি জোকাৰি ক'লে- ৰাইজসকল, মই এইখন ছুৰীৰে মোনাৰ ভিতৰত ভৰাই আঁঠুৱা তৰি শুৱাই থোৱা ল'ৰাজনৰ পেট ফালি যকৃত, কলিজা, নাড়ি-ভুক আদি উলিয়াই আনিম। আপোনালোকে খেল চাওঁক আপত্তি নাই; কিন্তু খেল আৰম্ভ হ'লে যেন কোনেও ইয়াৰপৰা আঁতৰি নাযায়। এয়া আপোনাসকল লৈ মোৰ বিনম্ৰ অনুৰোধযদি আপোনালোকৰ মাজৰপৰা কোনোবাই খেল চলি থকা অৱস্থাত আঁতৰি যায় তেনেহ'লে ল'ৰাজনৰ বিশেষ ক্ষতি হ'ব। ল'ৰাজনক পুনৰ জীয়াই তোলা সম্ভৱ নহ'বও পাৰে। যাৰ খেল চোৱাৰ ইচ্ছা নাই সি যেন এতিয়াই ইয়াৰপৰা আঁতৰি যায়।

বাজিকৰে নিজৰ বক্তব্য সামৰি ছুৰীখন চকুৰ আগত দাঙি ধৰি ধাৰ পৰীক্ষা কৰিবলৈ ধৰিলে। চক্‌চকীয়া ছুৰী। হাতেৰে স্পৰ্শ নকৰাকৈয়ে অনুমান কৰিব পাৰি তীক্ষ্ণ ধাৰ আছে ছুৰীখনত।

ইফালে বাজিকৰৰ সতর্কবাণী সত্ত্বেও এজন মানুহো ঠাইডোখৰৰপৰা আঁতৰি যোৱা ৰাহুলৰ চকুত নপৰিল। আটায়ে উশাহ-নিশাহ বন্ধ কৰি বাজিকৰৰ পৰৱৰ্ত্তী কাণ্ড-কারখানা প্রত্যক্ষ কৰিবলৈ ৰৈ থাকিল।

আচল খেল আৰম্ভ হ'ল। বাজিকৰৰ মুখমণ্ডল ক্রূৰ হৈ উঠিল। সি আঁঠুৱাখন দাঙি ছুৰীসহ সোঁহাতখন ল'ৰাজনক ভৰাই ৰখা মোনাৰ ভিতৰলৈ সুমুৱাই দি সজোৰে খোচ মাৰিলে। থৈলাৰ ভিতৰত ভৰাই ৰখা ল'ৰাজন বিকট আর্তনাদ কৰি ভৰি দুখন আছাৰিবলৈ ধৰিলে। আতংকত ৰাহুল চকু মুদি দিলে। পাছমুহূর্ততে কৌতূহলবশতঃ চকু মেলাৰ লগে লগে এক ভয়ংকৰ দৃশ্য প্রত্যক্ষ কৰি তাৰ গা শিয়ৰি উঠিল। বাজিকৰৰ হাতদুখন তেজেৰে লুতুৰি-পুতুৰি। তাৰ এখন হাতত ৰক্তাক্ত ছুৰী আৰু আনখন হাতত তেজেৰে লুতুৰি-পুতুৰি কিছুমান বস্তু। বাজিকৰে বস্তুবোৰ এখন কাঁহীত থ'লে। বস্তুবোৰ জীৱন্ত। ধৰফৰ কৰি আছিল। বস্তুবোৰ আন একো নহয়, মানুহৰ অংগ-প্ৰত্যংগ। যকৃত, কলিজা আদি। উত্তেজনা, আতংকত ৰাহুলৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ ধাৰণা হ', সি যেন শূন্যত উপঙি আছে। সি কোনোমতে নিজক চম্ভালি জঠৰ হৈ থিয় দি থাকিল।

তেজ দেখি বাজিকজন যেন অধিক হিংস্ৰ হৈ উঠিল। বন্য হিংস্র পশুৰ দৰে গাৰ বলেৰে সি ল'ৰাজনৰ শৰীৰত উপৰ্যুপৰি কে'বাবাৰো খোচ মাৰিলে আৰু প্ৰতিটো খোচৰ পাছত তেজেৰে লুতুৰি-পুতুৰি বস্তু কিছুমান উলিয়াই আনি কাঁহীত থ'লে। থৈলাৰ ভিতৰত থকা ল'ৰাজন লাহে লাহে নিথৰ হৈ পৰিল আৰু ইফালে উপস্থিত মানুহবিলাক আতংক উত্তেজনাত বাকৰুদ্ধ হৈ পৰিল। কাৰো মুখত মাত নাই। আটায়ে শিলৰ মূৰ্ত্তিৰ দৰে জঠৰ। ফলত ঠাইডোখৰত এক আতংকময় পৰিস্থিতি বিৰাজ কৰিবলৈ ধৰিলে।

ৰাহুল নিজেও আতংকিত। বিস্ময় আতংকত শেঁতা পৰি গ'ল তাৰ মুখমণ্ডল।

'ৰাজন নিথৰ হৈ যোৱাৰ পাছত নিৰ্বিকাৰ ভাবে ক'লা কাপোৰ এখন পাৰি দি বাজিকৰে দৰ্শকসকলক উদ্দেশ্য কৰি ক'লে- আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে ম‍ই নিজৰ ল'ৰাটোক হত্যা কৰিলো। এতিয়া এওঁক জীয়াই তুলিবলৈ হ'লে দেবতালৈ ভোগ আগবঢ়াব লাগিব। গতিকে আপোনালোকৰ যাৰ যি টকা-পইচা দিয়াৰ ক্ষমতা আছে এই কাপোৰখনলৈ দলিয়াই দি মোক সহায় কৰক। এইদৰে কৈ বাজিকজনে লাঠি এডালেৰে মাটিত ঘূৰণীয়াকৈ বৃত্ত এটা আঁকি ক'লে- যিজনে টকা থাকোঁতেও মোৰ এই বিপদত সহায় নকৰিব সি এই বৃত্তৰ মাজলৈ আহি লুটি-বাগৰ মাৰিব লাগিব । এতিয়া যিয়ে যি পাৰে মোক সহায় কৰক।

বাজিকৰৰ কথা শেষ হ'বলৈহে পালে, বগৰী গছ এজোপা জোকাৰি দিলে বগৰী পৰাৰ দৰে পাৰি থোৱা কাপোৰৰ ওপৰত সিকি, আধুলি, এটকীয়া, পাঁচটকীয়া, এনেকি দহটকীয়া নোট পর্যন্ত পৰিবলৈ ধৰিলে।

মানুহবিলাকে টকা দলিওৱা দেখি শিক্ষকে চাটি কিনিবলৈ দিয়া পাঁচটকীয়া নোটখন ৰাহুলে পেন্টৰ পকেটত খেপিয়াই চালে। এক দুৰন্ত ভয়ত সি অস্থিৰ হৈ উঠিল। টকা নিদিলে বৃত্তৰ মাজত লুটি-বাগৰ মাৰিব লাগিব আৰু দিলেও শিক্ষকৰ গালি-শপনি শুনিব লাগিব। এইবোৰ কথা ভাবি ৰাহুলৰ হৃদপিণ্ড বন্ধ হোৱাৰ উপক্ৰম হ'ল। ৰাহুলে গোলাকৃতি হৈ থিয় দি থকা মানুহবিলাকলৈ চালে। আটায়ে তাৰ চিনাকি। সিহঁতৰ গাঁৱৰে মানুহ। সেয়ে তাকো আটায়ে চিনি পায়। সামান্য কেইটামান টকাৰ কাৰণে সি মানুহৰ হাঁহিয়াতৰ পাত্ৰ হ'ব নেকি? সি লুটি-বাগৰ মাৰিলে এই কথাটো জানো গোপনে থাকিব? অলপ পাছতে সমগ্ৰ গাঁৱখনে জানি যাব তাৰ এই লুটি-বাগৰ মৰাৰ কথা। তেতিয়া সি মানুহৰ আগত মুখ উলিয়াব কেনেকৈ? দিলু, বুলুহঁতেবাৰু তাক কি বুলি ক'? এইবোৰ কথা ভাবি তাৰ ল'ৰালি মন ভয়, শংকা- লাজত অস্থিৰ হৈ উঠিল। লুটি-বাগৰ মৰাৰ ভয়ত সি ঘামিবলৈ ধৰিলে।

যাদুকৰসকল শেনৰ এজাত। বাজিকসকলে হেনো বিৰা পোহে। সেয়ে সিহঁতে কৰিব নোৱাৰা কামেই নাই। শূন্যত উৰিব পাৰে। পানীৰ মাজেৰে খোজ কাঢ়িব পাৰে। বেমাৰ-আজাৰ বিয়পাই দিব পাৰে। এইবোৰ কথা ৰাহুলে তাৰ আইতাকৰ মুখত শুনিছে। অৱশ্যে বিজ্ঞানৰ ছাৰে এইবোৰ কথা বিশ্বাস কৰিবলৈ মানা কৰিছে। ছাৰৰ মতে এইবোৰ হেনো অন্ধ বিশ্বাস। ভেষ্কিবাজি। বাস্তৱত ইয়াৰ কোনো মূল্য নাই। কিন্তু সি চকুৰ আগত যি দেখিলে সেইবোৰ অবিশ্বাস কৰে কেনেকৈ? এইদৰে নানা কথা ভাবি ৰাহুল অস্থিৰ হৈ উঠিল। তাৰ চকুৰ আগত পৃথিবীখন কুমাৰৰ চাকৰ দৰে চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে। বহুপৰ ভবাৰ পাছত শেষত সি সিদ্ধান্ত ল'লে যে, লাগিলে সি শিক্ষকৰ গালিয়ে খাব সেই বুলি ইমান বিলাক মনুহৰ আগত লুটি-বাগৰ নামাৰে। ভবামতেই কাম। সি পকেটৰপৰা পাঁচটকীয়া নোটখন উলিয়াই ক'লা কাপোৰলৈ বুলি দলিয়াই দিলে।

মানুহবিলাকে টকা দলিওৱা শেষ হ'লত বাজিকজনে টকাবোৰ গোটাই পকেটত ভৰালে। তাৰ পাছত ল'ৰাজনৰ ওপৰৰপৰা আঁঠুৱাখন আঁতৰাই আকাশৰ ফালে মুখ কৰি বিৰ বিৰ কৰি কিবা-কিবি মন্ত্ৰ উচ্চাৰণ কৰিলে। খন্তেক পাছতে ক'লা কাপোৰ লৰি-চৰি উঠিল আৰু পাছমুহুৰ্ততে ল'ৰাজন এঙামুৰি দি উঠি বহিল। ল'ৰাজনৰ পেটত তেতিয়াও তেজৰ চেকা লাগিয়ে আছিল। মানুহবিলাকে তন্দ্রাচ্ছন্নৰ দৰে ল'ৰাজনলৈ অবাক দৃষ্টিৰে চালে। সেই ছেগতে বাজিকজনে বস্তু-বাহানিবোৰ গোটাই টোপলা বান্ধি ভিৰ ঠেলি মানুহৰ মাজৰপৰা ওলাই গ'ল। ল'ৰাজনেও নিৰ্বিকাৰ ভাবে বাজিকজনৰ পিচে পিচে খোজ ল'লে। মানুহবিলাকে সিহঁতক যাবলৈ বাট এৰি দিলে।

বাজিকজন গুচি যোৱাৰ পাছত মানুহবিলাকে সম্বিত ঘূৰাই পালে আৰু ভাৰাক্ৰান্ত মনেৰে দুই এজনকৈ আঁতৰি যাবলৈ ধৰিলে। মানুহবিলাকৰ মন ভাৰাক্ৰান্ত হোৱাৰ কাৰণ ৰাহুলে উপলব্ধি কৰিব নোৱাৰিলেও তাৰ মন যে পাঁচটকীয়া নোটটোৰ কাৰণে ভাৰাক্ৰান্ত হৈ উঠিছে সেয়া সি মর্মে মর্মে উপলব্ধি কৰিব পাৰিলে। তাৰ চকুৰ আগত গণিতৰ চাৰৰ খঙাল মুখখন ভাহি উঠিল। ভাৰাক্ৰান্ত মনেৰে সি স্কুলৰ ফালে খোজ ল'লে।

গণিতৰ ছাৰ বাৰাণ্ডাত ৰৈ ৰাহুলৰ কাৰণে অপেক্ষা কৰি আছিল। ৰাহুল স্কুল চৌহদত প্রবেশ কৰাৰ লগে লগে তেওঁ আগবাঢ়ি আহি অধৈর্যভাবে সুধিলে- ইমান পলম কৰিলাযে? দিয়া, চক্ দিয়া। চক্ৰ কাৰণে অংক বুজাৰপৰা নাই।

ৰাহুল কোনো ধৰণৰ উত্তৰ নিদি তলমূৰ হৈ মনে মনে থিয় দি থাকিল। ছাৰে তেতিয়া অধৈৰ্য হৈ ধমকিৰ সুৰত ক'লে- কথা কোৱা নাই কিয়? চক্‌ দিয়া।

ৰাহুলে মাটিৰ ফালে চাই লাহেকৈ ক'লে- চক্ অনা নাই।

চক অনা নাই মানে? ছাৰে বিৰক্তি ভৰা সুৰত ক'লে- টকা হেৰৱালা নেকি?

ৰাহুলে নেতিবাচক মূৰ দুপিয়াই ক'লে- হেৰুৱা নাই।

তেনেহ'লে কি কৰিলা? ছাৰৰ বিস্মিত প্রশ্ন।

ৰাহুলে অপৰাধীৰ দৰে বাজিকৰৰ খেলৰ বিষয়ে বিৱৰি ক'লে।

ৰাহুলৰপৰা ঘটনাৰ বিৱৰণী শুনি ছাৰে উপদেশৰ সুৰত ক'লে- তুমি বৰ বুৰ্বকামী কৰিছা। সেইবোৰ ভেল্কিবাজিহে। তুমি টকা নিদিলেও একো নহ'লহেঁতেন। সিহঁতে ৰাজহুৱা ঠাইত খেল দেখুৱাইছিল। সিহঁতক খেল দেখুৱাবলৈ কোনেও মাতিও অনা নাছিল। ৰাজহুৱা ঠাইলৈ যোৱাৰ অধিকাৰ সকলোৰে আছে। সেই অধিকাৰৰ বলতে তুমি তালৈ গৈছিলা। টকা নিদিয়াৰ কাৰণে যদি বাজিকৰে তোমাক অপদস্ত কৰিলেহেঁতেন আইনে তাক ক্ষমা নকৰিলেহেঁতেন। ছাৰে এইদৰে কৈ সান্ত্বনাৰ সুৰত ক'লে- বাৰু, যি হ'বৰ হৈ গৈছে। ভৱিষ্যতে এনেকুৱা বুৰ্বকাৰ্মী নকৰিবা। আজিৰপৰা সাৱধান হৈ যোৱা। এবাৰৰ কাৰণে কৰিলে সেয়া ভুল আৰু দ্বিতীয় বাৰ কৰিলে সেয়া অপৰাধ। যোৱা, শ্ৰেণীলৈ গৈ বহাগৈ।

ৰাহুলে ছাৰৰ কথাবোৰ মনযোগেৰে শুনি ভাবিলে, ছাৰে কোৱা কথাই হয়তো ঠিক! এনেকুৱা ভুল জীৱনত দুবাৰ নকৰে বুলি সি মনে মনে প্রতিজ্ঞা কৰিলে।*

                                                              

                               চোৰ-পুলিচ খেল

ৰাহুল, দিলু আৰু বুলু এই তিনিজন একেলগ হ'লেই সিহঁতৰ মনত অদ্ভুত কিছুমান বুদ্ধি খেলে। সিদিনা সিহঁতে গাঁৱৰ আন কিছুমান ল'ৰাৰ লগত লগ লাগি মার্বল খেলি আছিল। কিছু সময় খেলাৰ পাছত মাৰ্বল খেল ভাল নলগা হ'ল। গতিকে ৰাহুলে প্ৰস্তাৱ আগবঢ়ালে- আহা, আমি চোৰ, পুলিচ খেলো আহা।

প্রস্তাৱটো লোভনীয়। সেয়ে বুলুই উচ্ছ্বসিত কণ্ঠত ৰাহুলক সমৰ্থন কৰি ক'লে- বঢ়িয়া হ'ব। ম‍ই কিন্তু চোৰ নহওঁ।

চোৰ ময়ে হ'ম বাৰু। তই চিন্তা কৰিব নালাগে। ৰাহুলে এইদৰে কৈ বুলু আৰু দিলুক একাষৰীকৈ মাতি আনি কাণৰ গুৰিলৈ মুখ নি ফুচফুচাই কিবা-কিবি ক'লে। ৰাহুলৰ কথাশুনি দুয়ো উৎফুল্লিত হৈ উঠিল।

বুলুই উচ্ছ্বসিত কণ্ঠত ক'লে- ব', এতিয়াই আৰম্ভ কৰি দিও।

বেলেগ ল'ৰাবোৰকো মাতি আনি ৰাহুলে চোৰ-পুলিচ খেলৰ বুজাই কথা ক'লে। আটায়ে খেলিবলৈ সন্মত হ'ল। আগতে আলোচনা কৰা মতে বুলুই বাববোৰ ভগাই দিলে। লম্বু মেজিষ্ট্রেট, দিলু দাৰোগা, বুলু গৃহস্থ, গোৰা পুলিচ আৰু ৰাহুলে চোৰৰ ভাও ল'লে।

বাববোৰ ভগাই দিয়াৰ পাছত ৰাহুলে খেলৰ ধৰণটো সকলোকে বুজাই ক'লে। গৃহস্থ শুই থকাৰ সময়ত চোৰে চুৰ কৰিব। গৃহস্থই ৰাতিপুৱা সাৰ পাই ঘৰৰ বস্তু-বাহানি লণ্ড-ভণ্ড দেখি হুৱাদুৱা লগাব আৰু বিচাৰ-খোচাৰ কৰি ঘৰৰ এচুকত সিন্ধি দেখা পাব। সিন্ধি দেখি ঘৰত চুৰি হোৱা বুলি দাৰোগাৰ ওচৰলৈ গৈ এজাহাৰ দিব। দাৰোগাই এজাহাৰখন নি মেজিষ্ট্ৰেটৰ ওচৰত দাখিল কৰিব। মেজিষ্ট্রেটে চোৰ ধৰাৰ কাৰণে আদেশ দিব। এইখিনিয়ে আনুপূর্বিক খেলৰ ধৰণ।

খেলৰ ধৰণটো মনযোগেৰে শুনি আটায়ে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল। বুলুই কলপাত এটা আনি তাৰ ওপৰত শুই টোপনিৰ ভাও জুৰি মেঘৰ দৰে নাসিকা গর্জন কৰিবলৈ ধৰিলে। গ-গ, গ-গ। দিলুই 'কেয়া হুয়া কেয়া হুয়া' বুলি সুৰ তুলি শিয়ালৰ মাত মাতি নিশা গভীৰ হোৱাৰ জাননী দিলে। লম্বুই ভেউ ভেউ কৈ ভুকি শিয়াল খেদিলে।

নিশা গভীৰ হোৱাৰ লগে লগে ৰাহুল হাতত সাৰে ভৰিত সাৰে বুলুৰ কাষলৈ আহি সিন্দি খন্দাৰ অভিনয় কৰি সন্তর্পণে ঘৰৰ ভিতৰত সোমাই ঘৰৰ বস্তু-বাহানি লণ্ড-ভণ্ড কৰিবলৈ ধৰিলে। বস্তু-বাহানি লণ্ড-ভণ্ড কৰি ঘৰৰপৰা ওলাই অহাৰ সময়ত বুলুৰ মূৰ শিতানৰপৰা গামোচাখন লৈ ঘৰৰপৰা ওলাই আহিল।

দিলুই কুকুৰাই ডাক দিয়াৰ দৰে কুকৰুকু- কুকৰুকু' বুলি মাতি ৰাতি পুওৱাৰ আগজাননী দিলে । কুকুৰাৰ মাত শুনি ৰাতি পোৱাল বুলি ভাবি বুলুই এঙামুৰি দি শোৱপাৰ্টীৰপৰা উঠি বহিল। সি মূৰ শিতানত থকা গামোচাখন ল'বলৈ হাত মেলি দেখিলে শিতানত গামোচাখন নাই।

আও, গামোচাখন কি হ'? শোৱাৰ সময়ত শিতানত থৈয়ে দেখোন শুইছিলো। গ'ল ক'লৈ? এইদৰে কৈ বুলুই ঘৰৰ ইমূৰে সিমূৰ গামোচা বিচাৰি চলাথ কৰিবলৈ ধৰিলে। গামোচা বিচাৰি ফুৰোঁতে সি এঠাইত সিন্দি দেখা পালে।

আৰে, এয়া দেখোন সিন্দি । ঘৰত চোৰ সোমাইছিল হ'বলা। গামোচাখন তেনেহ'লে চোৰেই নিছে। নাই নাই, বহি থাকিব নোৱাৰি। আইন অনুসৰি কাম কৰিব লাগিব। বাঘৰ নেওৰেৰে কাণ খজুৱাবলৈ আহিছে, বাপেকে ! এতিয়াই থানালৈ গৈ এজাহাৰ দিম।

ভবা মতেই কাম। বুলু থানালৈ আহিল ।

দিলুই ভৰিৰ ওপৰত ভৰি তুলি দাৰোগাৰ ভাওঁলৈ বহি আছিল। বুলুই কান্দি কান্দি ঘৰত চুৰি হোৱৰ কথা বিৱৰি ক'লে- হুজুৰ, মোৰ সর্বনাশ হ'ল হুজুৰ। ৰাতি চোৰে সিন্ধি খান্দি মোৰ সকলো বস্তু চুৰ কৰি নিছে, হুজুৰ।

দিলুই বুলুৰ কথাবোৰ মনযোগেৰে শুনি গম্ভীৰ হৈ উঠিল। সি যোৰ কোঁচাই সুধিলে- এই কাম কোনে কৰিছে বুলি তোমাৰ সন্দেহ হয় ?

 বুলুই কাতৰ মিনতি ভৰা সুৰত ক'লে- হুজুৰ, এই অঞ্চলত চোৰ বুলিবলৈ এজনেই। শান্তি কমিটি গঠন কৰি বেলেগ চোৰবোৰক আপোনালোকে ইতিমধ্যে শাসন কৰিছেই। বৰ্তমান ৰাহুলে একমাত্ৰ চোৰ বুলি গাঁৱৰ আটায়ে জানে। হুজুৰে কাটিলেও কাটক, মাৰিলেও মাক। মোৰ ৰাহুলৰ ওপৰতে সন্দেহ হয়, হুজুৰ ।

দিলুই গোঁফত তাও দি গহীনাই ক'লে- তোমাৰ সন্দেহ অমূলক নহয়। মোৰো ৰাহুলৰ ওপৰতে সন্দেহ হৈছে। সি বেটা মহা বজ্জাত। তাক ধৰা বৰ টান। বেটাক এইবাৰ ধৰিব পাৰিলে তাৰ হাড়-মূৰ একাকাৰ কৰিম। মোৰ থানা এলেকাত ম‍ই এজন চোৰো থাকিবলৈ নিদিও। এইদৰে তৰ্জন-গর্জন কৰি বুলুক উদ্দেশ্য কৰি ক'লে- বাৰু, তুমি এখন এজাহাৰ লিখি দিয়া। এইবাৰ তাক ম‍ই উচিত শিক্ষা দিহে এৰিম।

বুলুই কলপাতত এজাহাৰ এখন লিখি আনি দাৰোগাৰ হাতত দি মিনতি কৰি ক'লে- ম‍ই দুখীয়া মানুহ, হুজুৰ। টকা-সিকা তেনেকৈ দিব নোৱাৰিম। এইদৰে কৈ বুলুই পকেটৰপৰা কাগজ এজাপ উলিয়াই দাৰোগালৈ আগবঢ়াই ক'লে- বৰ বেছি দিব নোৱাৰিলো, হুজুৰ। তেল খৰচৰ কাৰণে এইখিনিকে দিলো।

দাৰোগাই টকাইেটা হাতপাতি লৈ পকেটত ভৰাই ক'লে- এঃ, নিদিলেও হ'লহেঁতেন ! এইবোৰ মই বৰ বেয়া পাও। আমি তোমালোকৰ সেৱক। তোমালোকৰ কিবা উপকৰাত আহিব পাৰিলেই আমাৰ আনন্দ। বাৰু, তোমাৰ বাবে ম‍ই যথাসাধ্য চেষ্টা কৰিম। বাৰু, তুমি এতিয়া যোৱাগৈ।

বুলু যাবলৈ ওলাল। দাৰোগাই পিচফালৰপৰা মাতি ক'লে- হেৰা, তোমাৰ ঘৰত মুৰ্গী আছে নেকি? মোৰ মুৰ্গী এটাৰ বৰ প্ৰয়োজনহে। পাৰিলে মুৰ্গী এটা যোগাৰ কৰি থ'বাচোন। মই গ'লে লৈ আহিম। নাই নাই, এনেয়ে দিব নালাগে। মই টকা দিয়ে ল', বাৰু।

নাই নাই, টকা নালাগে, হুজুৰ। বুলুই ক'লে-ঘৰৰ বস্তু এপদ বিচাৰিছে তাৰ কাৰণে আকৌ টকা ল'ম নেকি? ঘৰলৈ গৈয়ে মই মুর্গী এজনী পঠাই দিম বাৰু।

বুলু গুচি অহাৰ পাছত দাৰোগাই এজাহাৰখন লৈ মেজিষ্ট্রেট ৰূপী লম্বুৰ ওচৰলৈ আহিল। মেজিষ্ট্রেটে এজাহাৰখন পঢ়ি কলে- আচলতে আপোনালোক কামৰ মানুহ নহয়। আপোনালোক থাকোঁতে কেনেকৈ চুৰি হয়? চৰকাৰৰ টকা খাই নাকত তেল দি শুই থাকে নেকি? যাওঁক, আজি দিনৰ ভিতৰতে চোৰ ধৰি আনক গৈ।

দাৰোগাই পুলিচ ৰূপী গোৰাকলৈ চোৰ বিচাৰি ওলাল । অ'ত ত'ত নানা ঠাইত বিচাৰি শেষত আহি গমখেতি এটাত চোৰৰূপী ৰাহুলক শুই থকা দেখিলে।

দাৰোগাই ধমকিৰ সুৰত ক'লে- এতিয়া ক'ত সাৰিবি বাপেকে। তোক আজি ওৰেটো দিন বিচাৰি চলাথ কৰিছো। আজি কোবাই তোৰ পিঠিৰ ছাল চিগিম। এইদৰে কৈ সি পুলিচ ৰূপী গোৰাক আদেশ দিলে- চিপাহী, চোৰৰ হাতত হাত কেৰেয়া লগোৱা ।

আদেশ পোৱা মাত্ৰকে গোৰাই ৰাহুলৰ কঁকালত ৰচী এডালেৰে বান্ধি দাৰোগাৰ ওচৰলৈ আনি ঠেলা মাৰি পেলাই দি ক'লে- এয়া ছাৰ, আনিছোঁ।

দাৰোগাই ধমকিৰ সুৰত ক'লে- ক, আজি ৰাতি তই বুলুৰ ঘৰত চুৰি কৰিছ নেকি ?

নাই নাই হুজুৰ, আজি ৰাতি ম‍ই ঘৰৰপৰা ওলোৱাই নাই। চোৰৰূপী ৰাহুলে অনুনয়-বিনয় কৰি ক'লে।

দাৰোগাই ৰাহুলৰ গালত চৰ এটা শোধাই ক'লে- ঘৰতেই আছিলি? কথা ক'বলৈ আহিছ? তেনেহ'লে বুলুৰ ঘৰত চুৰি কৰিলে কোনে ?

 নাজানো, হুজুৰ।

নাজান? দাৰোগাই পুনৰ চৰ এটা শোধাই ক'লে- মাৰৰ কোবত ৰাম নাম পাহৰাই দিম বাপেকে। ক, সঁচা কথা ক'দাৰোগাই পুনৰ চৰ শোধালে।

নাই নাই, নামাৰিব, হুজুৰ। মই সঁচা কথা কৈছো, হুজুৰ। ময়ে চুৰি কৰিছো।

মাৰ নাখালে তহঁতৰ মুখৰপৰা সঁচা কথা নোলায়? , মাল ক'ত লুকাই ৰাখিছ?

সৌৱা সৌখিনিত হুজুৰৰাহুলে বিশেষ ঠাই এডোখৰলৈ আঙুলিয়াই ক'লে।

দিলুই ৰাহুলকলৈ ঠাইডোখৰলৈ আহিল। এঠাইত মাটি অকণমান খোচৰা। ৰাহুলে ঠাইডোখৰলৈ আঙুলিয়াই ক'লে- এয়া হুজুৰ, ইয়াতে পুতি ৰাখিছো, হুজুৰ।

ইতিমধ্যে লম্বু আৰু বুলুও আহি সেইখিনি পালেহি।

দাৰোগাই পুলিচক আদেশ দিলে- চিপাহী, ঠাইডোখৰ খান্দি চোৱা।

দাৰোগাৰ আদেশ পাই পুলিচে এহাতেৰে মাটি খান্দিবলৈ ধৰিলে। তেতিয়া ৰাহুলে ক'লে- বহুত তলত আছে, হুজুৰ। তেনেকৈ খান্দিলে বহু সময় লাগিব। দুহাতৰ আঙুলি এনেকৈ সুমুৱাই দি এনেকৈ খান্দিলেহে সোনকালে ওলাব। ৰাহুলে খন্দাৰ মুদ্ৰাটো কৰি দেখুৱালে।

দাৰোগাই ৰাহুলে দেখুৱা ধৰণে মাটি খান্দিবলৈ পুলিচক আদেশ দিলেপুলিচৰূপী গোৰাই দুহাতৰ আঙুলি ৰাহুলে দেখুৱা ধৰণে মাটিৰ তলত সুমুৱাই দুহাতেৰে মাটি খামোচ মাৰি ধৰি তুলি আনিলে। কিন্তু মাল ক'? গোৰাৰ হাতত দেখোন গোবৰ !

আচলতে ৰাহুলে গৰুৰ ঢিলা গোবৰ আনি মাটিৰে জাপি থৈছিল। সেই গোবৰে গোৰাৰ হাতত লাগিছিল। গোবৰ হাতত লগাত গোৰাই ভেউ ভেউকৈ কান্দিবলৈ ধৰিলে। ৰাহুলহঁতে আনন্দ কৌতুকত হাঁহি হাঁহি ভিৰাই লৰ মাৰিলে।*

 

                ৰাহুলৰ অশ্বাৰোহণ

ৰাহুলৰ এজন মোমায়েক কাপোৰৰ ব্যৱসায়ী। তেওঁ হাটে হাটে কাপোৰ বিক্ৰী কৰি ফুৰে। শনিবৰীয়া হাটখন তেওঁলোকৰ ঘৰৰপৰা বহু আঁতৰত। কিন্তু ৰাহুলহঁতৰ ঘৰৰপৰা ওচৰত। গতিকে শনিবৰীয়া হাটত কাপোৰ বিক্ৰী কৰি ৰাতি তেওঁ ৰাহুলহঁতৰ ঘৰত থাকে। তেওঁৰ এটা ঘোঁৰা আছিল। ঘোঁৰাটোৱে আছিল তেওঁৰ বাহন। কাপোৰবোৰ দুটা গাঁঠৰি কৰি তেওঁ ঘোঁৰাৰ পিঠিৰ দুফালে ওলোমাই দি হাটলৈ অহা- যোৱা কৰিছিল।

এদিনাখন ৰাতি ঘোঁৰাটো বান্ধোনৰ পৰা মুকলি হৈ পলাই গ'ল। অ'ত ত'ত বিচাৰ-খোচাৰ কৰিও ঘোঁৰাটো নাপাই তেওঁ ৰাহুলক মাতি ক'লে- ৰাহুল, যোৱাচোন ঘোঁৰাটো ক'ত আছে খবৰ কৰাগৈ। ম‍ই বিচাৰি হয়ৰাণ হৈ গৈছো, 'তো পোৱা নাই। ইফালে সময়ত ঘোঁৰাটো বিচাৰি নাপালে হাটলৈ যোৱাই নহ'ব। ম‍ই দক্ষিণ পাৰাৰ ফালে গৈ আছো, তুমি উত্তৰ পাৰাৰ ফালে যোৱাগৈ। জানটোত ভালকৈ চাবা। জানটোত ক'ৰবাত শুই থাকিব পাৰে।

এনেয়ে বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া। মোমায়েকে কোৱা মাত্ৰকে ৰাহুল ঘোঁৰা বিচাৰি যাবলৈ উদ্যত হ'ল।

মোমায়েকে ৰাহুলক বাধা দি ক'লে- ৰ'বা, লেকামডাল লৈ যোৱা। এইদৰে কৈ মোমায়েকে ঘৰৰ ভিতৰলৈ সোমাই গৈ লেকামডাল আনি ৰাহুলৰ হাতত দি ক'লে- ঘোঁৰাটো পালে লেকাম লগাই লৈ আহিবা। চিন্তা নকৰিবা, শান্ত ঘোঁৰা একো অসুবিধা নহয়। এইদৰে কৈ তেওঁ খন্তেক ৰৈ পুনৰ সাৱধান কৰি দিলে- শান্ত হ'লেও পিচফালে নাযাবা। পিচফাললৈ গ'লে লথিয়াব পাৰে।

মোমায়েকে সঁকীয়াই নিদিলেওে ৰাহুল ঘোঁৰাৰ পিচফালে নগ'লহেঁতেন। কাৰণ ঘোঁৰাৰ পিছফালে গ'লে যে ঘোঁৰাই লথিয়ায় এই অভিজ্ঞতা তাৰ আগতেই এবাৰ হৈ গৈছে।

ৰাহুলহঁতৰ গাঁৱত খোকা বাকালি নামৰ এজন মানুহ আছে। তাৰ এজনী খুৰী আছে। ঘুৰীজনী নীৰিহ প্ৰকৃতিৰ। যিকোনো মানুহেই তাইৰ পিঠিত উঠি ঢেঁকুৰাব পাৰে।খোকা বাকালিৰ ঘুৰী বুলি গাঁৱখনৰ আটায়ে তাইক চিনিও পায়। ঘুৰীটো পথাৰে পথাৰে চৰি ফুৰে। সুযোগ পালেই গাঁৱৰ চেমনীয়াবোৰে ঘুৰীটো ধৰি মাজে সময়ে চেঁকুৰায়।

সিদিনা ঘুৰীটো বাহুলহঁতৰ খেতিত ধান খাবলৈ সোমাইছিল। ৰাহুলৰ তাইক ঢেঁকুৰাবলৈ মন গ'ল। সি ঘুৰীটো ধৰি পেলালে। দিলু আৰু বুলু সেই ফালেদি গৈ আছিল। ৰাহুলে ঘুৰীটো ধৰা দেখি সিহঁত আগবাঢ়ি আহিল। বুলুই ৰচী এডাল আনি ঘুৰীটোৰ মুখত সুমুৱাই দি লেকামৰ নিচিনাকৈ লগাই ল'লে। তাৰ পাছত সিহঁতে ঘুৰীটোৰ পিঠিত উঠিবলৈ জঁপিয়াবলৈ ধৰিলে। ঘুৰীটো বিশেষ ওখ নহ'লেও সিহঁতৰ দৰে ল'ৰাৰ কাৰণে ওখই আছিল। সেয়ে বাৰে বাৰে জঁপিয়াইও সিহঁত ঘুৰীটোৰ পিঠিত উঠিবলৈ সক্ষম নহ'ল।

হঠাৎ ৰাহুলৰ মনত এটা বুদ্ধি খেলালে। দিলুহঁতৰ এজনী গুজৰাটী ম'হ আছিল। মইজনীৰ নেজত ধৰি পিচফালৰ ঠেঙত ভৰি থৈ বাহুল কেবাদিনো মহজনীৰ পিঠিত উঠিছে। এদিন সি ম'হৰ পিঠিৰপৰা পৰিও গৈছিল। কথমপিহে সি হাত-ভৰি নভঙাকৈ ৰক্ষা পৰিছিল। সোঁহাতখনত অকণমান কাটিছিলহে মাথোন। ম'হৰ পিঠিত উঠাৰ দৰে সি ঘুৰীটোৰ পিঠিত উঠাৰ কথা ভাবিলে।

ভবামতেই সি ঘুৰীটোৰ পিচফাললৈ আহিল। কিন্তু পিচফাললৈ আহি ঘুৰীটোৰ নেজত ধৰিবলৈ হাত মেলোঁতেই ঘটিল ঘটনাটো। ঘুৰীটোৱে তাক লাথি মাৰিলে। লাথিটো তাৰ সোঁ-কৰঙণত লাগিল। চিতপতং দি সি লুটি খাই বাগৰি পৰিল। লাথিটো কৰঙণত নালাগি বুকুত লাগিলে সিদিনাই তাৰ জীৱনৰ আধ্যা পৰিলহেঁতেন।

লেকামডাললৈ ৰাহুল ঘোঁৰা বিচাৰি উৰ্দ্ধশ্বাসে লৰ মাৰিলে। সিহঁতৰ ঘৰৰ উত্তৰ দিশত সৰু জান এটা আছে। জানটো বাৰিষা পানীৰে উপচি পৰে। খৰালি শুকাই যায়। তেতিয়া খৰালি কাল আছিল। সেয়ে জানটোত পানী নাছিল। ৰাহুলে ঘোঁৰাটো জানটোৰ তলিত চৰি থকা দেখিলে। সি হাতত সাৰে ভৰিত সাৰে ঘোঁৰাটোৰ কাষলৈ আহি গা-মূৰ পিহি মৰম কৰিবলৈ ধৰিলে। ঘোঁৰাটো শান্তভাবে থিয় দি থাকিল। ছেগ বুজি ৰাহুলে ঘোঁৰাটোৰ মুখত লেকামডাল লগাই দিলে। লেকামডাল ধৰি সি ঘোঁৰাটোৰ পিঠিত উঠিবলৈ জঁপিয়াবলৈ ধৰিলে।

কিন্তু বাৰে বাৰে চেষ্টা কৰিও সি ঘোঁৰাটোৰ পিঠিত উঠিবলৈ সক্ষম নহ'ল। ঘোঁৰাটো তাৰ তুলনাত বহু ওখ। সেয়ে সি সুবিধাজনক ওখ ঠাই বিচাৰিবলৈ ধৰিলে। কিন্তু ওচৰে-পাজৰে তেনে কোনো ওখ ঠাই নাপাই সি বুলুৰ সহায় লোৱাৰ কথা ভাবিলে। বুলুহঁতৰ ঘৰ খালৰপৰা নাতিদূৰত। সি ঘোঁৰাটোলৈ বুলুহহঁতৰ ঘৰলৈ আহিল। কিন্তু বুলু ঘৰত নাছিল। সেয়ে হতাশ হৈ সি উভতি আহিবলৈ লওঁতেই গোহালি ঘৰৰ ভিতৰত গৰুক দানা-পানী খুওৱাবলৈ বুলি ৰখা চৰিয়াটো তাৰ চকুত পৰিল। চৰিয়াটো বিশেষ ওখ নাছিল। সি চৰিয়াটোৰ ওপৰত উঠি ঘোঁৰাটোৰ পিঠিত উঠাৰ কথা ভাবিলে। সি ঘোঁৰাটোলৈ গোহালি ঘৰৰ ভিতৰলৈ সোমাই আহিল। তাৰ পাছত ভবামতেই সি চৰিয়াটোৰ ওপৰত উঠি ঘোঁৰাটোৰ পিঠিত উঠি বহিল।

কিন্তু ঘোঁৰাটোলৈ বাহিৰলৈ ওলোৱাৰ সময়ত লাগিল লেঠা। ঘৰটো বেৰা নথকা চাপৰ খ্ৰেীঘৰ আছিল। ভিতৰলৈ সোমাওতে সি ঘৰটোৰ দীঘলে দীঘলে সোমাই আহিছিল; কিন্তু বাহিৰলৈ ওলোৱাৰ সময়ত ঘোঁৰাটো ঘৰটোৰ পথালিয়ে পানীপাচৰ তলেদি ওলাবলৈ ধৰিলে। সি ঘোঁৰাটোৰ পিঠিত শুই পৰিল যদিও পানীপাচৰ কাষৰ ৰুৱাৰ কানত লাগি তাৰ পিঠিৰ ছাল এবখলা এৰাই গ'ল। সি দাঁতত দাঁত হেঁচি ধৰি ছাল এৰুৱাৰ যন্ত্ৰণা সহ্য কৰি থাকিল তাৰ পিঠিয়েদি ধাৰাষাৰে তেজ ব'বলৈ ধৰিলে। ঘৰৰ ভিতৰৰপৰা ওলোৱাৰ পাছত সি পিঠিত হাত দি চালে। তাৰ হাতত তেজ লাগি আহিল । তেজ দেখি তাৰ মুখমণ্ডল বিকৃত হৈ উঠিল আৰু তাৰ মনত প্ৰতিশোধ স্পৃহা জাগি উঠিল। আক্রোশবশতঃ সি ঘোঁৰাটোৰ পিঠিত কেইটামান কোব শোধালে।

কোব খাই ঘোঁৰাটো উন্মত্ত প্ৰায় হৈ উঠিল। ৰাহুলক পিঠিৰপৰা পেলাই দিবলৈ ঘোঁৰাটোৱে পিচ ঠেঙত ভৰদি আগ ঠেং দুটা ওপৰলৈ দাঙি চিহি-হি বুলি চিঞৰিবলৈ ধৰিলে। ৰাহুলক পিঠিৰপৰা পেলাই দিবলৈ কেইবাৰমান জপিয়ালেও। ৰাহুলে ঘোঁৰাৰ কেশৰত ধৰি কোনোমতে নপৰাকৈ থাকিল। কে'বাবাৰো চেষ্টা কৰি ৰাহুলক পিঠিৰপৰা পেলাবলৈ বিফল হৈ ঘোঁৰাটো উদ্দেশ্যহীন ভাবে ঢেঁকুৰ মেলিলে। ৰাহুলে ঘোঁৰাটোক ঘৰমুৱা কৰিবলৈ চেষ্টা চলালে; কিন্তু পাৰেমানে চেষ্টা কৰিও সি ঘোঁৰাটোক ঘৰমুৱা কৰিব নোৱাৰিলে। সি লেকামডাল টানি ধৰি যিমানে ঘৰমুৱা কৰিবলৈ যত্ন কৰিলে, ঘোঁৰাটো সিমানে দিগ্বিদিক শূন্য হৈ ঢেঁকুৰিবলৈ ধৰিলে। শেষত নিৰূপায় হৈ সি ঘোঁৰাটোক ইচ্ছামতে ঢেঁকুৰিবলৈ এৰি দিলে। কিছুদূৰ অহাৰ পাছত ঘোঁৰাটো আপোনা-আপুনি ঘৰমুৱা হ'ল।

ৰাহুল ঘৰ পালে মানে তাৰ ক্ষতস্থানৰপৰা তেজ ওলোৱা বন্ধ হৈ গৈছিল। ঘৰলৈ অহাৰ লগে লগে সি ঘোঁৰাৰ পিঠিৰপৰা নামি ঘোঁৰাটো খুটি এটাৰ লগত বান্ধিলে। কোনোবাই তাৰ পিঠিত তেজ দেখিব বুলি সি দৌৰি ততাতৈয়াকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল।

ঘৰৰ ভিতৰত প্ৰবেশ কৰিয়ে সি গেঞ্জীটো খুলি পেলালে। তেজৰ চেঁকুৰা লাগি গেঞ্জিটো চটাচট হৈ পৰিছিল। কোনোবাই দেখিব বুলি ভাবি সি গেঞ্জিটো খাটৰ তললৈ বুলি দলিয়াই দিলে।

মাকে পাক ঘৰত ৰন্ধা-বঢ়ালৈ ব্যস্ত হৈ আছিল। তাই ৰাহুলক দৌৰি ঘৰৰ ভিতৰলৈ সোমাই অহা লক্ষ্য কৰিছিল। ৰাহুলক তেনেকৈ লৰা-লৰিকৈ ঘৰৰ ভিতৰলৈ সোমাই অহা দেখি কিবা অঘটন ঘটিছে বুলি ভাবি তাই ঘটনাৰ ভূ-ল'বলৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰৰ ভিতৰত প্ৰবেশ কৰিয়ে তাই ৰাহুলক গেঞ্জিটো খাটৰ তললৈ দলিয়াই দিয়া লক্ষ্য কৰিলে। তাই সুধিলে তেনেকৈ খাটৰ তললৈ কি দলিয়ালি?

 ধৰা পৰাৰ ভয়ত ৰাহুলে সেমেনা-সেমেনি কৰি ক'লে- নাই নাই, একো নহয়।

মাকৰ সন্দেহ ভাদমহীয়া ক'লা ডাৱৰৰ দৰে ঘণীভূত হৈ উঠিল। ক'লে তাই- একো নহয় মানে? ম‍ই নিজ চকুৰে দলিওৱা দেখিলে.......

ৰাহুল নিৰুত্তৰমাকে পুনৰ সুধিলে- ক, সঁচা কথা ক......

মাকৰ দৃঢ়তা দেখি ৰাহুল অপ্ৰস্তুত হৈ পৰিল। মাকক ফাঁকি দিয়াটো সম্ভৱ নহয় বুলিৱ ভাবি সি লাহেকৈ ক'লে- গেঞ্জি।

গেঞ্জি! মাক সচকিত হৈ উঠিল। গেঞ্জিটোৰ লগত নিশ্চয় কিবা গুৰুতৰ ৰহস্য নিহিত হৈ আছে। সেয়ে মাকে তীক্ষ্ণ দৃষ্টিত ৰাহুলৰ ফালে চাই সুধিলে- গেঞ্জি খাটৰ তলত থলি কিয়? মাকে এইদৰে প্ৰশ্নটো সুধিয়ে ৰাহুলৰ উত্তৰ লৈ অপেক্ষা নকৰি খাটৰ তলৰপৰা গেঞ্জিটো উলিয়াই আনিলে। গেঞ্জিত তেজৰ চেকা দেখি মাক অবাক- হাৰে, গেঞ্জিত দেখোন তেজ!

ৰাহুল নিৰুত্তৰ। মাকে ব্যস্ত ভাবে সুধিলে- চাওঁ, 'ত কাটিছে?

ৰাহুলে তলমূৰ কৰি উত্তৰ দিলে- পিঠিত.....

মাকে পিঠি চাই অবাক। ইকি কাণ্ড ! পিঠিত দেখোন এবখলা ছাল নাই। মাকে ব্যগ্র ভাবে সুধিলে- কেনেকৈ এনেকুৱা হ'বলৈ পালে?

ৰাহুলে মাকৰ আগত ঘটনাটো ভাঙি পাতি ক'লে। মাকে উৰহীৰ ওৰ বিচাৰি পাই ৰাহুলক তিৰস্কাৰ কৰি ক'লে- তোক ইমান সতৰ্ক কৰি দিয়াৰ পাছতো তই মোৰ কথা নুশুন। কেতিয়াবা তই আওমৰণে মৰিবি। আহক বাপেক, আজি সকলো কৈ দিম। আজি তোৰ পিঠিৰ ছাল চিগিহে এৰিব।

মাকে এইদৰে গালি-শপনি পাৰি নাৰ্জীপাত থেতেলি ৰাহুৰ পিঠিত লগাই দিলেনাৰ্জীৰ ৰস ঘাঁত লগাত ৰাহুলে মুখমণ্ডল বিকৃত কৰি কলে- উঃ! বৰকৈ লাগিছে।

মাকে ক'লে- লাগক, তোৰ লগাই উচিত।*

          ধান-খেৰৰ পুঁজিত দিবা যাপন

পুহমহীয়া হাড় কঁপোৱা শীতৰ দিনত যাত্রা-থিয়েটাৰৰ প্রকোপ বাঢ়ে। ৰাহুলহঁতৰ গাঁৱত ভাল যাত্রা দল এটা আছে। স্থানীয় দলৰ উপৰিও বেলেগ ঠাইৰ পৰাও সিহঁতৰ বজাৰখনলৈ যাত্ৰাৰ দল আহে। বজাৰখন ৰাহুহঁতৰ ঘৰৰপৰা অলপ আঁতৰত। কে'বা মিনিটৰ বাট। ঢোলৰ শব্দ আৰু বাঁহীৰ মাত সিহঁতৰ ঘৰৰপৰাই শুনা যায়।

ৰাহুলৰ যাত্ৰা চোৱাৰ খুব চখ। যাত্ৰাৰ কথা শুনিলে আনন্দত তাৰ গা সাত আঠখন হৈ নাচি উঠে। কিন্তু সি সদায় যাত্ৰা চোৱাৰ সুযোগ নাপায়। অর্থাৎ লিখা-পঢ়া ক্ষতি হ'ব বুলি দেউতাকে তাক চাবলৈ নিদিয়ে। কুতুৰি কুতুৰি মাকক হাত কৰিব পাৰিলেহে, মাকে দেউতাকক কৈ মেলি যাত্ৰা চাবলৈ কেতিয়াবা অনুমতি লৈ দিয়ে। তথাপি অকলে যাবলৈ নিদিয়ে। দেউতাকে তাক লগত লৈ যায়। কিন্তু দেউতাকৰ লগত বহি যাত্ৰা চাবলৈ ৰাহুলৰ ভাল নালাগে। মানে স্বাধীনতা নাথাকে। অলপ ইফাল সিফাল হলেই ধমকি খাব লাগে। গতিকে ধমকিৰ ভয়ত কুঁচিমুচি বহি থাকিব লাগে।

ৰাহুল বয়সৰ বহুতো ল'ৰাই দল বান্ধি যাত্ৰা চাবলৈ যায়। সিহঁতৰ স্ফূৰ্তি চায় কোনে! নাকি-ছিগা ম'হৰ দৰে যেনি-তেনি ঘূৰি ফুৰে।। হাঁহি- তামচা কৰে। কিবা ধেমেলীয়া দৃশ্য দেখিলে দল বান্ধি উবুৰি খাই পৰে। নাচ-গানৰ দৃশ্য আহিলে মুখেৰে 'চিটি' বজাই হুহুৰি মাৰে। আনন্দ কৌতুকত সিহঁতৰ মুখমণ্ডল পূৰ্ণিমাৰ জোনৰ দৰে উজলি থাকে।

ৰাহুলৰ কিন্তু সেই স্বাধীনতা নাথাকে। দিলু, বুলুৰো তাৰ দৰে একেই অৱস্থা। সিহঁতো দেউতাকহঁতৰ লগত কুঁচিমুচি বহি থাকিব লাগে। ধেমেলীয়া দৃশ্য দেখিলে হাঁহিব নোৱাৰে। হাঁহিলে ধমকি শুনিব লাগে। ৰাহুলৰ দিলু, বুলুৰ লগত লগ লাগি স্ফূৰ্তি কৰিবলৈ মন যায়। কিন্তু দেউতাকৰ ভয়ত লেউ-সেউ হৈ বহি থাকিব লাগে। যাত্রা থিয়েটাৰ মানেইতো স্ফূর্তি। স্ফুৰ্তি মনৰ খোৰাক। দেহৰ খোৰাকৰ দৰে মনৰ খোৰাকৰো প্ৰয়োজন আছে। এয়া ৰাহুলে কোৱা কথা নহয়, সিহঁতৰ অসমীয়াৰ ছাৰে কোৱা কথা। স্ফুৰ্তি কৰিব নোৱাৰিলে যাত্রা থিয়েটাৰ চাই জানো ভাল লাগে?

সিবাৰ তিনি নিশাৰ কাৰণে ৰাহুলহঁতৰ বজাৰ লৈ যাত্ৰা দল এটা আহিছিল। নামী-দামী অভিনেতা-অভিনেত্ৰীৰে সমৃদ্ধ যাত্রা দল। অভিনয়ো ভাল কৰে। সকলোৰে মুখে মুখে দলৰ প্ৰশংসা। ভাল দল বুলি ৰাহুলৰ দেউতাকে প্রথম নিশাই অভিনয় চালে। জেদ ধৰাত ৰাহুলকো লগত লৈ গ'ল। যাত্ৰা চাই ৰাহুলৰ ভালো লাগিল।

দিলু, বুলুহঁতে কালি চোৱা নাই। আজিহে চাব। সি কালি চাইছে যেতিয়া দ্বিতীয়বাৰ চোৱাৰ অনুমতি নাপায়। অনুমতি বিচাৰি লাভো নাই। দিলু, বুলুহঁতে যাত্ৰা চোৱাৰ কথা শুনি ৰাহুলৰ মন সেমেকি উঠিল। সি ডাঙৰ নহ'ল কিয়? সাধন, ৰফিক, চন্দন ককাইদেউহঁতে সদায় চায়। সিহঁতেই বিচাৰি বিচাৰি দলবোৰ আনে। ডাঙৰ হ'লে সিও সিহঁতৰ লগত লগলাগি দলবোৰ আনিলেহেঁতেন। তেতিয়া সিও হেঁপাহ পলুৱাই যাত্ৰা চাব পাৰিলেহেঁতেন।

অৱশ্যে তাৰ বয়সৰ দুই এজন ল'ৰাই মাক-দেউতাকক নজনোৱাকৈ লুকাই-চুৰকৈ যাত্ৰাৰ চোৱাৰ কথা ৰাহুলে জানে। সন্ধিয়া ভাত-পানী খাই উঠাৰ পাছত শুই পৰাৰ অভিনয় কৰে আৰু ৰাতি মনে মনে উঠিগৈ সিহঁতে যাত্রা চায়। সিও যদি তেনেকৈ লুকাই-চুৰকৈ ঘৰৰপৰা ওলাই গৈ যাত্ৰা চাব পাৰিলেহেঁতেন !

কিন্তু ৰাহুলৰ কাৰণে মাক-দেউতাকক নজনোৱাকৈ যাত্ৰা চোৱা সম্ভৱ নহয়। সিহঁতৰ টিনপাতৰ দুমহলীয়া ঘৰ। স্থানীয় ভাষাত যাক দুতলা বুলি কোৱা হয়। তাৰ শুৱনি কোঠা দুমহলীয়াৰ ওপৰত। ববিতা আৰু সি থাকে। দুয়ো একেখন বিছনাত শুৱে। মাক-দেউতাক তলৰ মহলাত থাকে। কিবা কাৰণত বাহিৰলৈ ওলাবলৈ হ'লে দুমহলীয়াৰপৰা নামি তলৰ মহলাৰ দুৱাৰ খুলি ওলাব লাগে। দেউতাকৰো যে কাণ ! একেবাৰে শহাকাণীয়া। কিবা অলপ শব্দ হ'লেই শুনে। কেতিয়াবা কিবা কাৰণত ৰাতি বাহিৰলৈ ওলাবলৈ হ'লে দুৱাৰত হাত দিয়াৰ লগে লগেই সুধিব কোন?

তেতিয়া মইবুলি সঁহাৰি দিহে বাহিৰলৈ ওলাব পাৰে। দেউতাক যদি ক'লা হ'লহেঁতেন, তেনেহ'লে বৰ মজা হ'লহেঁতেনে। সি মনে মনে ঘৰৰপৰা ওলাই গৈ যাত্ৰা চাব পাৰিলেহেঁতেন এইদৰে নানা কথা গুণা-গঁথা কৰি থাকোঁতে হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। সি যদি তলৰ মহলাৰ দুৱাৰ নোখোলাকৈ ওপৰ মহলাৰপৰা কেনেবাকৈ ঘৰৰপৰা ওলাই যাব পাৰে তেনেহ'লে অৱশ্যে কথাটো সম্ভৱ হ'ব পাৰে। কিন্তু কেনেকৈ? সি ওপৰ মহলাৰপৰা ওলাই যোৱাৰ কাৰণে মনে মনে এটা পৰিকল্পনা কৰিলে। পৰিকল্পনাটো সফল কৰিবলৈ হ'লে দুটা বস্তুৰ প্ৰয়োজন হ'ব। লো কটা কৰত আৰু এডাল জখলা। অৱশ্যে এই দুবিধ বস্তু যোগাৰ কৰা অসুবিধা নহ'ব। কাৰণ বস্তু দুবিধ সিহঁতৰ ঘৰতে আছে। কিন্তু ইয়াতো দুটা অসুবিধা আছে।

প্রথম সমস্যাটো হ'ল- সি ৰাতি ববিতাৰ লগত একেলগে শোরে। ববিতাই কথাটো জানিলে মাক-দেউতাকক কৈ দিয়াটো প্রায় খাটাং। অৱশ্যে ববিতাৰ লগত কিবা কথালৈ কাজিয়া লগাই বেলেগে বিছনা পাৰি শুলে এই সমস্যা সমাধান কৰিবপৰা যাব। কেতিয়াবা কাজিয়া কৰি দুয়ো বেলেগে শোরেও।

দ্বিতীয় সমস্যাটো হ'ল- ৰাতি অকলে বজাৰলৈ যোৱাটো লৈ! তাৰ কাৰণে ৰাতি অকলে বজাবলৈ যোৱাটো প্রায় অসম্ভৱ। কাৰণ বজাৰলৈ যোৱাৰ বাটতে এখন এৰাবাৰী আছে। বাৰীখনত এজোপা তেঁতেলি গছ আছে? সেই তেঁতেলিজোপাতে চিপজৰী লৈ হেনো বহু বছৰ আগতে এজনী বোৱাৰীয়ে আত্মহত্যা কৰিছিল। তাই হেনো তাত ভূত হৈ আছে। সেয়ে সৰু ল'ৰা-ছোৱালীয়েতো দূৰৰে কথা ডাঙৰবোৰেও দিন-দুপৰতে এৰাবাৰীখনলৈ যাবলৈ ভয় কৰে।

ভূতৰ কথা মনলৈ অহাৰ লগে লগে আতংকত ৰাহুলৰ গাৰ নোম ডাল ভালহৈ শিয়ৰি উঠিল। তাৰ পৰিকল্পনাৰ মূৰত যেন চেঁচা পানী পৰিল। হতাশাত তাৰ মুখমণ্ডল বিবৰ্ণ হৈ উঠিল।

হঠাৎ তাৰ দিলুৰ কথা মনত পৰিল। দিলুক যদি তাৰ লগত শুবলৈ মাতি অনা হয় তেনেহ'লে সিহঁত দুটাই একেলগে যাব পাৰে দেখোন! দুজন হ'লে ভূতৰ ভয় নাথাকিব। তদুপৰি যাত্ৰাগান হ'ব যেতিয়া মানুহৰ আহ-যাহতো থাকিবই। গতিকে সিহঁত দুটাই অনায়াসে যাব পাৰিব। কিন্তু দিলুক জানো তাৰ মাক-দেউতাকে আহিবলৈ দিব? নিশ্চয় দিব। কাৰণ দিলু কেতিয়াবা তাৰ মাক-দেউতাকৰ অনুমতিলৈ সিহঁতৰ ঘৰলৈ শুৱলৈ আহেও।

ৰাহুলে দিলুহঁতৰ ঘৰলৈ বুলি লৰ মাৰিলে। তাৰ ভাগ্য ভাল। কিছুদূৰ অহাৰ পাছতে সি দিলুক বাটত লগ পালে। বুলুও আছিল তাৰ লগত।

ৰাহুলক দেখি দিলুই মাত লগালে- ক'লৈ যাৱ ?

ৰাহুলে কোনো ধৰণৰ ভূমিকা নকৰাকৈ উত্তৰ দিলে- তহঁতৰ ঘৰলৈ।

দিলু, বুলুই যাত্ৰা চোৱাৰ বিষয়ে আলোচনা কৰিবলৈ ৰাহুলহঁতৰ ঘৰলৈ আহি আছিল। সেয়ে বুলুই ক'লে- আমি দেখোন তহঁতৰ ঘৰলৈকে যাবলৈ ওলাই আহিছো। এইদৰে কৈ বুলুই প্ৰসংগ সলনি কৰি সুধিলে- তই হেনো কালি যাত্ৰা চালি?

' চালোতো। ৰাহুলে গৰ্বৰে সৈতে ক'লে।

দিলুই ক'লে- আমি আজিহে চামতই আজি নাচার নেকি?

দিলুৰ প্ৰশ্নত ৰাহুলৰ মন সেমেকি উঠিলসি বিহ্বলৰ দৰে ক'লে- কালি চালো নহয়, দেউতাই আজি যাবলৈ নিদিয়ে।

এই ডাঙৰ মানুহবোৰ বৰ নিৰ্ণয়, বজিলি। বুলুই বিজ্ঞৰ দৰে ক'লে- সিহঁতে আমাৰ মনবোৰ বুজিবকে নুখুজে। বেছিকৈ ৰাতি জাগিলে হেনো জ্বৰ হয়। ডাঙৰবোৰে জাগিলে কিন্তু একো নহয়। আমি ডাঙৰ হ'লে কিন্তু এনেকুৱা নকৰো দেই। ল'ৰা-ছোৱালীবোৰৰ যি মন যায় তাকে কৰিবলৈ দিম।

গছত কঁঠাল গোঁফত তেল । ওঁঠ চেপিলে গাখীৰ ওলাব এতিয়াই ল'ৰা-ছোৱালীৰ কথা চিন্তা কৰিবলৈ লৈছ। লংকালৈ গ'লে সকলো ৰাৱণ হয়। তেতিয়া তয়ো এনেকুৱাই হ'বি, বুজিলি । দিলুই মন্তব্য কৰিলে।

এতিয়া বাদ সেইবোৰ। তেতিয়াৰ কথা তেতিয়াই দেখা যাব। ৰাহুলে মাজতে ক'লে- এতিয়া কোন ফালে যাবি? আমাৰ ঘৰলৈকে বল নহ'লে।

তিনিও ৰাহুলহঁতৰ ঘৰলৈ বুলি খোজ ল'লে। কিছুদূৰ অহাৰ পাছত ৰাহুলে ক'লে- ময়ো আজি তহঁতৰ লগত যাত্ৰা চাবলৈ যাম।

ৰাহুলৰ কথাত দিলু উৎসাহিত হৈ উঠিল যদিও পাছমুহূৰ্ততে সন্দেহ প্ৰকাশ কৰি সুধিলে- কিন্তু কেনেকৈ? তই দেখোন কালি চালি? আজি তোক যাবলৈ দিব জানো?

নিদিলেও যাম। ৰাহুলে দৃঢ়তাৰে ক'লে- ম‍ই এটা বুদ্ধি পাঙিছোতহঁতে মোক সহায় কৰিব লাগিব।

সহায়! কেনেকৈ? বুলুই কৌতূহলী হৈ সুধিলে।

তহঁতে আজি ৰাতি আমাৰ ঘৰত থাকিব লাগিব। ৰাহুলে ক'লে।

ৰাহুলৰ কথা শেষ হ'বলৈহে পালে বুলু জিকাৰ খাই উঠি ক'লে- থ' ', আমি যাত্ৰা চাবলৈ এৰি আজি সিহঁতৰ ঘৰত শুৱলৈ যাম ! তই কালি চালিতো, তাৰ মানে আজি আমাক চাবলৈ নিদিয়। বেচ বুদ্ধিটো পাঙিছ!

বুলুৰ কথাত ৰাহুলে বেয়া নাপালে। সি কথাটো ধীরে-সুস্থিৰে বুজাই ক'লে- নহয় অ', আজি আমি তিনিওজনে একেলগে চাম।

ৰাহুলৰ কথাশুনি দিলু কৌতূহলী হৈ উঠিল। সি কথাটোৰ তলা-নলা পাবলৈ সুধিলে- ক'চোন কেনেকৈ?

ৰাহুলে ক'লে- ইয়াৰ কাৰণে আজি আমি তিনিও আমাৰ দুতলাত থাকিব লাগিব।

কথাষাৰ শুনি দিলুৰ চকু কপালত উঠিল। সি বিস্ময় প্রকাশ কৰি ক'লে- দুমহলীয়াৰপৰা চাবি? কিন্তু কেনেকৈ ?

দুমহলীয়াৰপৰা নাচাও । বজাৰলৈ গৈয়ে চাম। ৰাহুলে তাৰ পৰিকল্পনাৰ কথা বুজাই ক'লে- ম‍ই এটা বুদ্ধি পাঙিছো। মই বাৰাণ্ডাৰ ফালে থকা খিড়কিৰ ৰড এডাল দিনতে ছেগ বুজি কাটি থম। ৰাতি তিনিও সেই ৰঙৰ ফাঁকেৰে ওলাই বাৰাণ্ডাৰ চাললৈ যাম।

বাণ্ডাৰপৰা নামিবি কেনেকৈ? বুলুই সুধিলে।

কেনেকৈ আৰু, জাঁপ মাৰি নামিব। দিলুই ইতিকিঙৰ সুৰত ক'লে।

জাঁপ নামাৰো। মোৰ কথা শুনচোন আগতে। ৰাহুলে ক'লে- বাৰাণ্ডাৰপৰা কেনেকৈ নামিম সেই বুদ্ধিও মই কৰিছো। সন্ধিয়া কোনেও নেদেখাকৈ বাৰাণ্ডাৰ চালত জখলা এডাল লগাই থম। ৰাতি ঘৰৰ ভিতৰৰপৰা ওলাই সেই জখলাডালেৰে নামি যাত্ৰা চাবলৈ যাম আৰু যাত্রা শেষ হ'লে ঘৰলৈ আহি সেই জখলাডালেৰে বগাই ওপৰলৈ উঠি পুনৰ আগৰ ঠাইত শুই থাকিম।

দিলু ৰাহুলৰ কথাত উৎফুল্লিত হ'ল যদিও এষাৰ কথা ভাবি নিরুৎসাহিত হৈ উঠিল। কাৰণ দিলুই জানে দুমহলীয়াত ববিতাও শোৱে ৰাহুলৰ লগত। গতিকে সি সংশয় মিহলি কণ্ঠত ক'লে- কিন্তু ববিতাই কৈ নিদিব জানো?

এই বিষয়ে চিন্তা নাই। আমি তিনিও দুমহলীয়াত শুলে তাই মাকৰ লগত শুব। ৰাহুলে দৃঢ়তাৰে ক'লে ৷

তেনেহ'লে বঢ়িয়া হ'ব। দিলুই মন্তব্য কৰিলে।

পৰিকল্পনাটো বুলুৰো ভাল লাগিল যদিও সি নিজৰ সমস্যাৰ কথা ভাবি শংকিত হ'ল। সংশয় মিহলি কণ্ঠত ক'লে সি- কিন্তু মোক যদি দেউতাই আহিবলৈ নিদিয়ে !

বুলুৰ কথাত ৰাহুলৰ ভ্ৰযোৰ কোঁচ খাই গ'ল। সি নিজে কোনো সুপৰামৰ্শৰ কথা ভাবি উলিয়াব নোৱাৰি সহানুভূতিৰ সুৰত ক'লে- কিবা এটা কৈ আহিবিচোন।

'ব বাৰু, কিবা এটা কৈ আহিব লাগিব। বুলুই আশ্বাস দিলে।

পৰিকল্পনা অনুসৰি তিনিও দিনৰ ভাগতে লো-কটা কৰতেৰে বাৰাণ্ডাৰ ফালৰ খিড়কিৰ ৰড এডাল কাটিলে। বুলুই খিড়কিৰ ফাঁকেৰে এবাৰ পাৰ হৈয়ো চালে। ঠিকেই আছে। অনায়াসে পাৰ হ'বপৰা যাব।

দিলুই ক'লে- এতিয়া জখলা?

বুলুই পৰামৰ্শ আগবঢ়ালে- জখলাডাল এতিয়াই স্থাপন কৰিব নালাগে। দিনৰ ভাগত স্থাপন কৰিলে কাৰোবাৰ চকুত পৰি যাব পাৰে। তেতিয়া আমাৰ সকলো পৰিকল্পনা অথলে যাব। সন্ধিয়া লাগি-ভাগি যোৱাৰ পাছত তই কামটো কৰিব লাগিব।

'ব বাৰু, এই বিষয়ে তহঁতে ভাবিব নালাগে। মৈডাল বাৰাণ্ডাৰ ফালে আমগছৰ তলতে আছে। ম‍ই সুযোগ বুজি কামটো কৰি থ'ম। ৰাহুলে আশ্বাস দিলে।

এইদৰে পৰিকল্পনা কৰি তিনিও সন্ধিয়া হোৱালৈ অপেক্ষা কৰি থাকিল। এটা সময়ত সন্ধিয়াৰ আকাশত ৰঙা ফাকু ছটিয়াই বেলিটো মাৰ গ'ল। ৰাহুলহঁতৰ মনতো সেই ৰঙৰ স্পৰ্শ লাগিল। সন্ধিয়া লাগি ভাগি যোৱাৰ পাছত ছেগ চাই ৰাহুলে মৈডাল বাৰাণ্ডাৰ চালত লগাই থ'লে ।

এটা সময়ত দিলু, বুলুও আহিল। দিলু, বুলুহঁত অহাৰ পাছত আগতে ভাবি থোৱা মতেই ববিতা মাকৰ লগত শুলে। ৰাহুলহঁত দুমহলীয়ালৈ উঠি আহি চিঞৰি চিঞৰি পাঠ পঢ়িবলৈ ধৰিলে। সিহঁতৰ চিঞৰ-বাখৰত অতিষ্ঠ হৈ ৰাহুলৰ দেউতাকে বিৰক্তি প্ৰকাশ কৰি ক'লে- ইমান চিঞৰি চিঞৰি পাঠ পঢ়িব নালাগে। পঢ়িলে মনে মনে পঢ়, নহ'লে শুই থাক।

দেউতাকৰ কথাত ইজনে সিজনৰ মুখলৈ চাই চকু-মুখৰ ভাষাৰে উৎফুল্লতা প্রকাশ কৰিলে। পাঠ্যপুথি সামৰি থৈ তিনিও শুই পৰিল । কিন্তু কাৰো চকুত টোপনি নাইদেহবোৰ বিছনাত থাকিলেও মনবোৰ বজাৰ পালেগৈ। বজাৰৰ ফালৰপৰা ভাহি অহা হাই-উৰুমিৰ শব্দ সিহঁতৰ কাণত পৰিবলৈ ধৰিলে। এক অজান পুলতত সিহঁতৰ মনবোৰ নাচি উঠিল।

বুলু অধৈৰ্য হৈ উঠিল। সি ৰাহুলৰ কাণৰ গুৰিলৈ মুখ নি ফুচফুচাই ক'লে- ব', যাত্ৰা আৰম্ভ হ'বই কিজানি।

ৰাহুলে তলৰ ফালে ইংগিতেৰে দেখুৱাই ক'লে- দেউতা এতিয়াও সাৰে আছে। আগতে টোপনি যাবলৈ দে।

ৰাহুলৰ কথাত বুলু বিৰক্ত হ'ল। সি অধৈর্যভাবে ক'লে- একো নহয়। আমি মনে মনেহে ওলাই যাম। গম পাব কেনেকৈ?

দেউতা শহাকাণীয়া। সাধাৰণ শব্দও কাণত পৰে। আৰু কিছু সময় ধৈর্য ধৰ। টোপনি যাবই। কালি ৰাতি জাগিছে। গতিকে সোনকালেই টোপনি যাবহি। ৰাহুলে কলে।

তই গম পাবি কেনেকৈ? দিলুই মাজতে ক'লে।

দেউতা টোপনি গ'লে নাক ডাকে। ঘেৰ্ঘেৰ শব্দ হয়। তেতিয়াই গম পাম। ৰাহুলে ক'লে।

ৰাহুলৰ কথাই ফলিয়ালে। কিছু সময় পাছতে ৰাহুলৰ দেউতাকৰ নাকৰ ঘেৰ্ঘেৰ শব্দ শুনা যাবলৈ ধৰিলে। ৰাহুলে ক'লে- ব'ল এতিয়া, ঘেৰ্ঘেৰ শব্দ হৈ আছে। তাৰ মানে দেউতা টোপনি গৈছে।

তিনিও ৰঙৰ ফাঁকেৰে হাতত সাৰে ভৰিত সাৰে বাৰাণ্ডালৈ ওলাই আহি মৈডালেৰে তললৈ নামি আহিল ।

উত্তেজনাত তিনিওৰে বুকু ঢপ্‌ঢপাবলৈ ধৰিলে। মৈডাল যাতে কাৰো চকুত নপৰে তাৰ বাবে সিহঁতে মৈডাল বাৰাণ্ডাৰ চালৰ পৰা নমাই আমগছজোপাৰ তলত থ'লে। তাৰ পাছত তিনিও হাতীৰ দৰে নিঃশব্দে বজাৰৰ ফালে খোজ ল'লে।

সিহঁতৰ এতিয়া এৰাবাৰীলৈ ভয় নাই। ভয় মাথোন কোনোবা চিনাকি মানুহৰ আগত পৰাৰহে।

বুলু বয়সত অলপ ডাঙৰ। তাৰ বুদ্ধিও অলপ পূঠ। মানুহে যাতে সিহঁতক দেখিলেই চিনিব নোৱাৰে তাৰ কাৰণে সি ছদ্মবেশ ধাৰণ কৰাৰ কথা ভাবিলে। সি এইবাৰ প্ৰাইমাৰী পাছ কৰিছে। বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনত সি এইবাৰ ভেশচন প্রতিযোগিতাত পুৰস্কাৰো পাইছে। সি সেই অভিজ্ঞতাকে কামত লগালে। গামোচা এখন মূৰ্ত বান্ধি সি ছদ্মবেশ ধাৰণ কৰিলে আৰু ৰাহুলহঁতকো মূৰত গামোচা বান্ধিবলৈ পৰামৰ্শ দিলে।

কোনো ধৰণৰ অঘটন নঘটাকৈ যাত্ৰা চোৱা শেষ হ'ল। লেঠা লাগিল যাত্ৰা চাই ঘৰলৈ ওভতাৰ পাছত। চোতালত ভৰি থৈয়ে তিনিও থমকি ৰৈ গ'ল। সিহঁতে ৰাহুলৰ দেউতাকক বাৰাণ্ডাত চকী এখনত তলমূৰকৈ বহি থকা দেখিলে।

দৃশ্যটো প্ৰথমে চকুত পৰিছিল ৰাহুলৰ। সি দিলু আৰু বুলুক টানি ধৰি ইংগিতেৰে দেউতাকক দেখুৱালে। সৰ্পদৃষ্ট মানুহৰ দৰে তিনিও উচপ খাই পিছুৱাই আহিল।

বুলুই মূৰ জোকাৰি ইংগিতেৰে সুধিলে- কি কৰিবি এতিয়া ?

ৰাহুলে সিহঁতকলৈ ওচৰতে থকা ধানখেৰৰ দ'মৰ ওচৰলৈ আহি ক'লে- ব', এতিয়া এই ধানখেৰৰ দ'মৰ মাজতে শুই থাকোঁগৈ। দেউতা বহাৰ পৰা উঠি গ'লে সুযোগ বুজি বাৰাণ্ডাৰ চাল লৈ উঠি যামহি।

ৰাহুলৰ পৰামৰ্শ অনুসৰি তিনিও ধানখেৰৰ মাজত গাঁতৰ দৰে কৰি খেৰ জাপি শুই পৰিল। ওৰেটো নিশা উজাগৰে থকাৰ ফলত খন্তেক পাছতে তিনিও টোপনি গ'ল।

ইফালে সিহঁত টোপনিৰপৰা উঠাত পলম হোৱাত ববিতাই সিহঁতক জগাবলৈ আহিল। কিন্তু বিছনা খালী। কোনো নাই বিছনাতববিতাই ভাবিলে সিহঁত হয়তো তাই উঠাৰ আগতেই উঠি গৈছে। তাই মাকক কথাটো জনালে- মা, ৰাহুলহঁত বিছনাত নাই।

মাকে কথাটোত বিশেষ গুৰুত্ব নিদি ক'লে- ৰাতিপুৱা আমি উঠাৰ আগতেই উঠি ক'ৰবালৈ গৈছে হয়তো। দিলু, বুলুহঁতৰ ঘৰলৈকো যাব পাৰে। ইয়াত আকৌ ভাবিবলৈ কি আছে। যা, পাক ঘৰলৈ গৈ মোক অলপ সহায় কৰি দে।

তেতিয়া কথাটো সিমানতে অন্ত পৰিল। কিন্তু বহু বেলিলৈকে ৰাহুলৰ কোনো খা-খবৰ নাপাই মাকে ববিতাক ক'লে- ববি, তই যাচোন দিলুহঁতৰ ঘৰলৈ গৈ খবৰ কৰি আহগৈ। বেলি দেখোন ভালেখিনি হ', এতিয়ালৈকে দেখোন তাৰ টিকিটোকে দেখা নাই। ইফালে স্কুললৈ যোৱাৰ সময়ো দেখোন হৈ আহিল। যা, পলম নকৰিবি।

মাকৰ কথামতে ববিতা প্রথমে দিলুহঁতৰ ঘৰলৈ গ'ল। কিন্তু তাত ৰাহুল নাই। এনেকি দিলুও নাই। সেয়ে বুলুহঁতৰ ঘৰলৈ যাব পাৰে বুলি ভাবি ববিতা সেই পাকতে বুলুহঁতৰ ঘৰলৈ গ'; কিন্তু তাতো ৰাহুল বা দিলু, বুলু কোনো নাই।

ঘৰলৈ আহি তাই কথাটো মাকক জনালে- নাই, দিলু বা বুলুহঁতৰ ঘৰলৈকো যোৱা নাই। দিলু, বুলুও ঘৰত নাই। সিহঁতৰ মাকেও চিন্তা কৰি আছে।

ববিতাৰ কথা শুনি মাক উদ্বিগ্ন হৈ উঠিল। কথাটো তাই ৰাহুলৰ দেউতাককো জনালে। কথাটো শুনি ৰাহুলৰ দেউতাকো উদ্বিগ্ন হৈ উঠিল। খন্তেক পাছতে দিলু, বুলুহঁতক বিচাৰি সিহঁতৰ ঘৰৰপৰাও মানুহ আহিল।

বিচাৰ-খোচাৰ চলিল। কিন্তু গোটেইখন গাঁও চলাথ কৰিও কোনেও ৰাহুলহঁতৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে। অৱশেষত সিহঁত যাবপৰা সাম্ভাব্য ঠাইসমূহলৈ মানুহ পঠালে ।

ইফালে ৰাহুলহঁতে দুপৰীয়া সাৰ পালে। ভোকত সিহঁতৰ পেট কলমলাই আছিল। কিন্তু ধৰা পৰাৰ ভয়ত কোনেও খেৰৰ মাজৰপৰা বাহিৰলৈ ওলাই নাহিল। খেৰৰ মাজৰপৰাই সিহঁতে কাণ পোণাই ঘটনাৰ ভূলৈ থাকিল।

ৰাহুলহঁতৰ খা-খবৰ ল'বলৈ দুই এজনকৈ মানুহ আহি থকা সিহঁতে খেৰৰ মাজৰপৰাই গম পালে। সিহঁত ক'লৈ যাব পাৰে এই বিষয়ে আলোচনা হোৱাও সিহঁতে গম পালে। কোনোবা এজনে পৰামৰ্শ আগবঢ়ালে এয়া ভূত-প্ৰেতৰ কামো হ'ব পাৰে। গতিকে ওজাৰ ওচৰলৈ গৈ ঠিকনা কৰি চোৱাটো ভাল হ'ব।

এজনে ভেকাহি মাৰি ক'লে- তুমি এয়া গছত গৰু উঠা কথা কৈছা । ঘৰৰ ভিতৰৰপৰা ভূতে কেনেকৈ নিব? ৰাতিপুৱা হাত-মুখ ধুবলৈ গৈ পুখুৰীৰ পানীত ডুবিওতো মৰিব পাৰে।

কথাটো আটায়ে সমর্থন কৰিলে অসম্ভৱ একো নহয়গতিকে পুখুৰীত জাল পেলাই চোৱা যাওঁক ।

কথামতেই কাম। জালোৱা মাতি আনি পুখুৰীত জাল পেলোৱা হ'ল। কিন্তু সকলো পৰিশ্ৰম অথলে গ'ল। মাছৰ বাহিৰে একো জালত নুঠিল।

সময় বাগৰাৰ লগে লগে উৎকণ্ঠা অধিক বৃদ্ধি পাবলৈ ধৰিলে। ৰাহুলৰ মাক বলিয়াৰ দৰে হৈ উঠিল। তাই কান্দি-কাটি হুলস্থূল লগালে। মাকক কন্দা দেখি ববিতাও কান্দিবলৈ ধৰিলে।

এনেতে সিহঁতৰ গাঁৱৰ চন্দনে আহি ক'লে- সিহঁত তিনিটাক ম‍ই দোকমোকালিতে বজাৰৰ ফালৰপৰা অহা দেখিছো। ডাঠ কুঁৱলি থকা কাৰণে তেতিয়া অৱশ্যে ম‍ই ভালদৰে চিনিব পৰা নাছিলো। তিনিওৰে মূৰত গামোচা বন্ধা আছিল। খোজ-কাটল, শৰীৰৰ গঠন সিহঁতৰ দৰেই আছিল। মোৰ এতিয়া দৃঢ় বিশ্বাস উপজিছে, সিহঁতৰ বাহিৰে আন কোনো নাছিল সেই তিনিজন।

মূৰত গামোচা বন্ধাৰ কথা শুনি দিলু হাঁহি উঠি গ'ল। সি থিক্‌ কৈ হাঁহি উঠিল। সিহঁতৰ উপস্থিতি প্ৰকাশ হৈ পৰাৰ ভয়ত বুলুই দিলুৰ মুখত হাতেৰে সোপা মাৰি ফুচফুচাই ক'লে- চুপ, নাহাঁহিবি। হাঁহিলে আমাৰ উপস্থিতিৰ কথা গম পাই যাব।

দিলুই অতি কষ্টেৰে হাঁহি সম্বৰণ কৰিলে।

ৰাহুলে ক'লে- কিন্তু এনেকৈ কিমান সময় থাকিম। এটা সময়ততো ওলাবই লাগিব। মোৰ ভোকো লাগিছে। পেট কমলাই আছে।

মোৰ লগা নাই নেকি? বুলুই ক'লে- মোৰো লাগিছে। কিন্তু এতিয়া ওলালে পিঠিত এছাৰিৰ কোব পৰাটো নিশ্চিত। মানুহ-দুনুহ আহি চোতাল ভৰিবলৈ দে। তেতিয়া অন্ততঃ আমাৰ ফলীয়া হৈ ওকালতি কৰাৰ মানুহ ওলাব। গালি-শপনি পাৰিলেও এচাৰিৰ কোৰৰপৰা তেতিয়া হাত সাৰিব পাৰিম। সেয়ে আৰু কিছু সময় ধৈর্য ধৰি থাকচোন। চাও কি হয়।

চন্দন গুচি যোৱাৰ পাছত ৰাহুলৰ মাকে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। মাকৰ কান্দোন শুনি ৰাহুলৰ মন ভাৰাক্ৰান্ত হৈ উঠিল। এক অনামী বেদনাত তাৰ চকুযোৰ চল্‌চলীয়াহৈ উঠিল।

সময় বাগৰাৰ লগে লগে ৰাহুলহঁতৰ দুঃশ্চিন্তা বাঢ়িবলৈ ধৰিলে। সিহঁত বাৰু এনেকৈ কিমান সময় থাকিব লাগিব? ওলোৱাৰ পাছত পৰিস্থিতি কি হ'? মাথোন ঘৰৰ মানুহে নহয়, গাঁৱৰ মানুহে ঘটনাটো কেনেদৰে ল'ব । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ছাৰসকলে কথাটো জানি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব! সিহঁত ওলোৱাৰ পাছত ঘটিৰপৰা সাম্ভাৱ্য ঘটনাবোৰ জুকিয়াই চাই সিহঁত অধিক বিচলিত হৈ উঠিল।

এইদৰে নানা কথা ভাবি থাকোঁতেই ক'ব নোৱাৰাকৈয়ে সিহঁত পুনৰ টোপনি গ'ল। সাৰ পালে একেবাৰে সন্ধিয়া লাগিভাগি যোৱাৰ পাছত ।

তেতিয়া সিহঁতক বিচাৰি যোৱা মানুহবিলাকৰ মাজৰপৰা দুই চাৰিজনকৈ উভতি আহি আছিল। কিন্তু সকলোৰে মুখত একেটাই কথা- নাই, নাপালো। সিহঁত তালৈ যোৱা নাই। বাটৰুৱাকো সুধিছো। কিন্তু সিহঁতেও তেনে কোনো ল'ৰা হেনো লগ পোৱা নাই।

সিহঁতক বিচাৰি যোৱা শেষৰজন মানুহো আহি পালে। কিন্তু তেঁৱো ৰাহুলহঁতৰ বতৰা দিব নোৱাৰিলে।

ফলত ৰাহুলৰ মাক ভাগি পৰিল। তাই ইনাই-বিনাই কান্দিবলৈ ধৰিলে- বোপাই অ', কলৈ গ'লি অ'আহ য'তেই নাথাক কিয় ওলাই আহ। তহঁতক কোনেও একো নকয়। মোৰ পুত্ৰ কি হ'ল অ'ম‍ই কেনেকৈ জীয়াই থাকিম অ'

মাকৰ সুৰত সুৰ মিলাই ববিতায়ো কান্দিবলৈ ধৰিলে। ববিতাক কন্দা দেখি ৰাহুলৰ দেউতাকৰো চকু চল্‌চলীয়া হৈ উঠিল। একমাত্র ল'ৰাৰ অমংগল আশংকাত তেওঁৰ হৃদয় থকা-সৰকা হ'বলৈ ধৰিলে। তেওঁ মূৰত হাত দি বহি পৰিল। উপস্থিত মানুহবোৰে যিয়ে যেনেকৈ পাৰে সিহঁতক সান্ত্বনা দিবলৈ ধৰিলে।

এনেতে বুলুৰ মাক-দেউতাকো আহিল। সিহঁত আহি বুলুহঁতৰ নিৰুদ্দেশৰ কাৰণে ৰাহুলৰ মাক-দেউতাকক দোষাৰূপ কৰিবলৈ ধৰিলে। কাৰণ সিহঁতৰ ঘৰৰপৰাই বুলুহঁত নোহোৱা হৈছে।

গাঁৱৰ গাওবুঢ়াও তাত উপস্থিত আছিল। গাঁওবুঢ়াই ক'লে- ইহঁতক মিছাতে দোষারূপ কৰিছে। এওঁলোকৰ কি দোষ? একমাত্র আপোনালোকৰে সন্তানেতো নিৰুদ্দেশ হোৱা নাই। ইহঁতৰ সন্তানোতো নিৰুদ্দেশ হৈছে। এতিয়া কেঁচা ঘাঁত চেঙা তেল দি লাভ নাই। ধৈর্য সহকাৰে কাম কৰক। এতিয়ালৈকে যিহেতু কোনো অঘটনৰ খবৰ অহা নাই, সিহঁত নিশ্চয় জীয়াই আছে। ক'ৰবাত গাপ মাৰিও থাকিব পাৰে। সৰু ল'ৰাৰ কথা........

গাঁওবুঢ়াই বাক্যটো শেষ কৰিব নোৱাৰিলে। হঠাৎ ববিতা লৰি আহি ক'লে- খেৰৰ দ'মৰ মাজৰপৰা ম‍ই কাঁহৰ শব্দ শুনিবলৈ পাইছো।

খেৰৰ দ'মৰ মাজৰপৰা কাঁহৰ শব্দ শুনিছা? গাঁওবুঢ়াই সংশয় প্রকাশ কৰি ক'লে- ই কেনেকৈ সম্ভৱ ! তুমি ভ্ৰম শুনা নাইতো?

আচলতে ববিতাই ভ্ৰম শুনা নাছিল। তাই ঠিকেই শুনিছিল। তাই খেৰৰ দ'মৰ কাষতে থিয় দি ৰাহুলহঁতৰ বাবে বাট চাই আছিল আৰু ঠিক তেতিয়াই হঠাৎ ৰাহুলৰ গল খেচ্‌খেচাবলৈ আৰম্ভ কৰিছিল। পাৰেমানে চেষ্টা কৰিও সি কাঁহ দমাই ৰাখিবপৰা নাছিল। সি কাঁহি দিছিল আৰু সেই শব্দই ববিতাৰ কাণত পৰিছিল। খেৰৰ দ'মৰ মাজত কাঁহৰ শব্দ শুনি আতংকিত হৈ দৌৰি আহি তাই চোতালত গোট খাই থকা মানুহবিলাকক জনাইছিল।

সেয়ে তাই দৃঢ়তাৰে ক'লে- নাই নাই, মই ভ্ৰম শুনা নাই। ঠিকেই শুনিছো। খেৰৰ দ'মৰ মাজতে কাঁহৰ শব্দ হৈছিল।

পানীত পৰিলে মানুহে খেকুটাকে আঁকোৱালি ধৰে। সেয়ে গাঁওবুঢ়াই ক'লে- ৰাহুলহঁততো হ'ব পাৰে। বলাচোন, তুমি কোনখিনিৰপৰা কাঁহৰ শব্দ শুনিছা চাওঁগৈ।

মানুহবিলাক খেৰৰ দ'মৰ কাষলৈ লৰি আহিল। ৰাহুলৰ দেউতাকে সুধিলে- কোন খিনিৰপৰা কাঁহৰ শব্দটো শুনিছা ?

ববিতাই ঠাইডোখৰলৈ আঙুলিয়াই ক'লে- ইয়াৰপৰা, ইয়াৰপৰাই কাঁহৰ শব্দ ভাহি আহিছিল।

দুজনমানে গৈ খেৰ আঁতৰাবলৈ লাগি গ'ল। কিছু খেৰ আঁতৰোৱাৰ পাছতে ৰাহুলহঁত ওলাই পৰিল।

ৰাহুলৰ দেউতাকে ৰাহুলক মাৰিবলৈ চোঁচালৈ ক'লে- বদমাচ, তোৰ কাৰণে আজি ম‍ই লোকৰ কথা শুনিব লগা হ'ল। আজি তোৰ পিঠিৰ ছাল চিগিহে এৰিম।

গাঁওবুঢ়াই বাধা দি ক'লে- সৰু ল'ৰা, যেনিবা ভুল কৰিছেই, তাৰ বাবে মাৰিব নেকি? মোৰ শপত একো নক'ব। ৰাহুলৰ দেউতাকক এইদৰে সতৰ্ক কৰি দি দিলু আৰু বুলুৰ মাক-দেউতাকক উদ্দেশ্য কৰি ক'লে- আপোনালোকেও একো নক'ব। এওঁলোকে পুনৰ এনেকুৱা ভুল নকৰে বুলি ম‍ই কথা দিছো।

তিনিও দৌৰি গৈ মাকহঁতৰ আঁচলৰ তলত আশ্ৰয় ল'লে। মাকহঁতে সিহঁতক সাৱটি ধৰি কান্দিবলৈ ধৰিলে।

গাঁওবুঢ়াই ৰাহুলহঁতক উদ্দেশ্য কৰি ক'লে- আজিৰপৰা সাৱধান হৈ যোৱা। এনেকুৱা ভুল জীৱনত দুবাৰ নকৰিবা। এবাৰ কৰিলে ভুল, কিন্তু একেটা ভুলকে দুবাৰ কৰিলে কিন্তু অপৰাধ। বুজিলা ?

বুলুৰ দেউতাক ৰাহুলৰ দেউতাকৰ হাতত ধৰি ক'লে- আপোনাক মিছাতে দোষাৰূপ কৰাৰ কাৰণে ক্ষমা কৰিব।

একো অন্যায় কৰা নাই আপুনি। বর্তমান যি মানসিক অৱস্থা আপোনাৰ ঠাইত মই হ'লে ময়ো তাকেই কৰিলোহেঁতেন। এইদৰে কৈ ৰাহুলৰ দেউতাকে বুলুৰ দেউতাকক সাৱটি ধৰি পিঠিত লাহেকৈ চপৰিয়াই দিলে। অর্থাৎ বুলুৰ দেউতাকক ক্ষমা কৰি দিলে।

এইদৰেই এটা শ্বাসৰুদ্ধকৰ দিনৰ অৱসান হ'ল।*

 

                      ভেড়া-যুঁজ

ৰাহুল নিশ্চল হৈ বিছনাত পৰি আছিল। তাৰ সোঁভৰিৰ আঁঠু ফুলি আছে। ফলত সি ভৰিখন কোঁচাব নোৱাৰে। খোজ কাঢ়িবলৈ গ'লে ভৰিখন টনটনাই উঠে। কালি মেলাত হোৱা দুৰ্ঘটনাটোৰ ফলত সি ভৰিত দুখ পাইছে। চিকিৎসাও চলি আছে। দেউতাকে ডাক্তৰৰ পৰামৰ্শমতে ফাৰ্মাচীৰপৰা টেবলেট কিছুমান আনি দিছে। টেবলেট খাই বিষ কিছু কমিছে যদিও সম্পূৰ্ণৰূপে ভাল পোৱা নাই। সম্পুৰ্ণৰূপে আৰোগ্য হৈ উঠিবলৈ দুই চাৰিদিন জিৰণি ল'ব লাগিব বুলি ডাক্তৰে জনাই দিছে।

স্কুল ছুটীৰ পাছত দিলু, বুলুৰ লগত আন কিছুমান সহপাঠী ৰাহুলৰ খবৰ ল'বলৈ আহিল। সহপাঠী কেইজনক দেখি ৰাহুলৰ চকু চলচলীয়া হৈ উঠিল।

ৰাহুলৰ চকুত চকুপানী প্ৰত্যক্ষ কৰি বুলুৰ মন সেমেকি উঠিল। সমবেদনা জনাবলৈ ক'লে সি - নাকান্দিবিচোন। দুই এদিনতে ভাল পাই যাবি। চিন্তা নকৰিবি।

দিলুই পৰিস্থিতিটো সৰস কৰি তুলিবলৈ ক'লে- আজি আৰু এটা ভেড়া পাই যাবি। কুকুৰে কামোৰা ভেড়াটোকলৈ স্কুলৰ ফিল্ডত মেল বহিছে। মূল্য ধৰি সমজুৱাই ভেড়াটো তহঁতক দিব বুলি শুনি আহিলো।

দিলুৰ কথাত ৰাহুলৰ মন দুবছৰ আগলৈ উৰা মাৰিলে।

ৰাহুলে দুবছৰ আগত মোমায়েকহঁতৰ ঘৰৰপৰা কুকুৰ পোৱালি এটা আনিছিল। লোদোৰ-পোদোৰ পোৱালি। গাৰ বৰণ পাতল মুগা। গলত মালাৰ দৰে পাতল আঁক এডাল আছিল। বৰ্তমান কুকুৰটো সাবালক হৈছে। আঁকডাল এতিয়াও আছে। আঁকড়ালে কুকুৰটোক যেন অধিক ধুনীয়া কৰি তুলিছে।

পোৱালিটো অনাৰ কেইদিনমান পাছতে ৰাহুলৰ ভক্ত হৈ পৰিল । ৰাহুল ঘৰত থকা সময়খিনি পোৱালিটো তাৰ পিছে পিছে লৰি ফুৰে। সি পঢ়িবলৈ বহিলে তাৰ ভৰিৰ তলত শুই থাকে। মৰম লগা পোৱালি । কেতিয়াবা ৰাহুল মৰমতে পোৱালিটোৰ মিহি নোমবোৰ লিৰিকি-বিদাৰি মৰম কৰে।

পোৱালিটোৰ বয়স বঢ়াৰ লগে লগে ৰাহুলৰ অধিক ভক্ত হৈ উঠিল। সি পোৱালিটোক নানা ধৰণৰ প্ৰশিক্ষণো দিলে। একৰপৰা দহলৈকে অংককেইটা চিনিব পৰাও কৰিলে।

অংককেইটা শিকোৱাৰ সময়ৰ এদিনৰ কথা ৰাহুলৰ মনত পৰি গ'ল।

সিদিনা সি ডাঠ কাগজত অংককেইটা ডাঙৰ ডাঙৰকৈ লিখি শাৰী পাতি সজাইলৈ কুকুৰ পোৱালিটোক অংক শিকাই আছিল। এয়া এক, এয়া দুই এনেকৈ সি পোৱালিটোক অংক কেইটাৰ লগত চিনাকি কৰি দি আছিল। পাঠ অধিক মনোগ্ৰাহী কৰিবলৈ সি চকলেটৰ সহায় লৈছিল। এক সংখ্যাটো শিকাওতে সি এটা জাঁপ মাৰিলেই এটা চকলেট খাবলৈ দিয়ে, দুই সংখ্যাটো শিকাওতে দুটা জাঁপ মাৰিলেহে চকলেট খাবলৈ দিয়েঅৱশ্যে চকলেটৰ সংখ্যা নবঢ়ায়। জাঁপ যিমানটাই নামাক কিয়, চকলেটৰ সংখ্যা কিন্তু এটাই থাকে।

ঠিক তেতিয়াই দিলু, বুলু আহি সেইখিনি পালেহি। সিহঁতক দেখি ৰাহুলে দুগুণ উৎসাহেৰে ট্ৰেইনিং আৰম্ভ কৰি দিলে। একৰ পৰা পাঁচলৈকে অংক কেইটা চিনাকি কৰি দিওঁতে সি কেবাবাৰো পোৱালিটাক চকলেট খুৱাব লগা হ'ল। ফলত প্ৰায় বিছটামান চকলেট খৰচ হৈ গ'ল।

ৰাহুলৰ চকলেট খুওৱাৰ মাত্ৰা দেখি বুলুই ক'লে- এনেকৈ অংক শিকোৱাৰ ট্ৰেইনিং দি থাকিলে দেখোন দহলৈকে অংককেইটা শিকাওতেই তহঁতৰ ভেটি-বাৰী বিক্ৰী কৰিব লাগিব। ইয়াতকৈ সহজ বুদ্ধি এটা মোৰ মনত খেলাইছে।

ৰাহুল উৎসাহিত হৈ উঠিল। ক'লে সি- এৰা অ'আজি ৰাতিপুৱাৰপৰা প্ৰায় বিছটা চকলেট খৰচ হৈ গ'ল। বেলেগ কিবা উপায় থাকিলে ক'চোন ?

মোৰ মনত এটা বুদ্ধি খেলাইছে। বুলুই ক'লে- একেবাৰে সহজ উপায়। চকলেটৰ প্ৰয়োজনে নহ'ব।

ৰাহুল অধৈৰ্য হৈ উঠিল- ভূমিকা এৰ। উপায় কি তাকে ক?

বুলুই বিজ্ঞৰ দৰে ক'লে- আমাৰ পাঠ মুখস্থ নহ'লে নাইবা আমাৰ অংকৰ নিয়ম মনত নাথাকিলে ছাৰসকলে চেকনিৰে দুটামান কোব শোধাই বুজাই দিলে সোনকালে মনত ৰয়। পোৱালিটোৰ ক্ষেত্ৰতো আমি তাকে কৰিব লাগিব। চকলেটৰ পৰিৱৰ্ত্তে আমি চেকনিৰ সহায় ল'ব লাগিব। অর্থাৎ পোৱালিটোক চেকনিৰে কোবাব লাগিব। তেতিয়া ট্ৰেইনিঙ দিয়াৰ কাম তেনেই উজু হ'ব। মাথোন দহলৈকে নহয়, এশলৈকে সংখ্যা জ্ঞান দিলেও তেতিয়া ক্ষতি নাই।

ৰাহুল মনযোগেৰে বুলুৰ কথাশুনি আছিল। বুলুৰ কথা শেষ হোৱাৰ লগে লগে ক'লে সি- কথাটো বুজাই ক'চোন.......

শুন তেনেহ'লে। বুলুই ট্রেইনিং দিয়াৰ ধৰণটো বুজাই ক'লে- আগতে এক অংকটো শিকাওঁতে পোৱালিটোক তই এটা চকলেট খাবলৈ দিছিলি। এতিয়া চকলেটৰ পৰিৱৰ্ত্তে তই চেকনিৰে এটা কোব শোধাই মুখেৰে এক বুলি উচ্চাৰণ কৰি কাৰ্ডত লিখি ৰখা অংকটো দেখুৱাই দিব লাগিব। দুই অংকটো শিকাওঁতে দুটা কোব শোধাই দুই অংকটো লিখি ৰখা কাৰ্ডটো দেখুৱাই দিব লাগিব। এইদৰে যিটো অংক শিকাবি বুলি ভাবিছ সিমানটা কোব মাৰি শিকাব বিচৰা অংকটো দেখুৱাই দিব লাগিব।

ৰাহুলে মাটিত অংক এটা কৰি হতাশাৰ সুৰত ক'লে- একৰপৰা দহলৈকে সংখ্যা জ্ঞান দিবলৈ হ'লে দেখোন পচপন্নটা কোব শোধাব লাগিব। তেতিয়া পোৱালিটো জানো মৰি নাযাব ?

তই জোৰে জোৰে মাৰিবি নেকি। ম‍ই তোক দেখুৱাই দিছো ৰ'এই দৰে কৈ বুলুই বাঁহৰ চেকনি এডাল আনি কাৰ্ডত লিখি ৰখা এক অংকটো দেখুৱাই পোৱালিটোক এটা কোব শোধালে। কোব খাই 'কেওঁ কেওঁকৈ চিঞৰি পোৱালিটো ৰাহুলৰ ভৰিত উবুৰি খাই পৰিল। অর্থাৎ মোক বচোৱা, দুখ পাইছো।

বুলুই পুনৰ কোব শোধাবলৈ যাওঁতে ৰাহুলে বাধা দি ক'লে- নাই নাই, কোব নামাৰিবি। তই শিকাব নালাগে। মই যেনেকৈ শিকাই আছিলো তেনেকৈয়ে শিকাই থাকিম। চকলেট মোৰহে খৰচ হ', তোৰতো নহয়।

ৰাহুলৰ কথাত বুলুই অপমানবোধ কৰি ক'লে- বাৰু, তোৰ যদি মন নাই, মোৰনো কি দায় লাগিছে? এইদৰে কৈ সি দিলুক উদ্দেশ্য কৰি ক'লে- দিলু, আমি যাওঁগৈ, ল। এওঁক পৰামৰ্শ দি লাভ নাই। ভালটোকে ই বেয়া বুলি ধৰি ল'লে। বল।

পৰামৰ্শ গ্ৰহণ নকৰাৰ ফলত বুলুক দিলুকলৈ খং কৰি গুচি গৈছিল। ইয়াৰ পাছত বুলুই বহুদিন ৰাহুলৰ লগত মাতবোল কৰা নাছিল। কুকুৰৰ প্ৰসংগ উঠিলেই সি ৰাহুলক এৰাই যাবলৈ যত্ন কৰিছিল। অৱশ্যে চকলেট খোৱাইয়ে ৰাহুলে পোৱালিটোক দহলৈকে অংককেইটা চিনাক্ত কৰিবপৰা কৰিছিল। নক'লেও হ'ব যে, ইয়াৰ বাবে সি মাক-দেউতাকৰ শালি-শপনিও শুনিব লগা হৈছিল। অৱশ্যে কিছুদিন পাছতে ৰাহুল উপযাচি গৈ বুলুৰপৰা বেলেগ এটা বিষয়ে পৰামৰ্শ লৈছিল আৰু সিদিনাৰপৰা উভয়ৰ মাজত পুনৰ কথা-বাৰ্ত্তা আৰম্ভ হৈছিল।

এৰাতি ৰাহুলহঁতৰ ঘৰত সিন্দি দি চোৰ সোমাই বহু বস্তু চুৰ কৰি নিছিল। ৰাহুলৰ পোৱালিটোৰ ওপৰত প্ৰচণ্ড খং উঠি গ'ল। কুকুৰৰ কাম হ'ল ৰাতি গৃহস্থৰ ঘৰ পহৰা দিয়া। কুকুৰ থাকোঁতে ঘৰত চুৰি হোৱাত ৰাহুলে লাজো পালে। গতিকে সি এই বিষয়ে বুলুৰ লগত পৰামৰ্শ কৰিবলৈ আহিল।

ৰাহুল নিজে উপযাচি পৰামৰ্শ বিচাৰি অহাত বুলুই আগৰ কথা পাহৰি ৰাহুলৰপৰা ঘটনাৰ বিৱৰণ শুনি পৰামৰ্শ আগবঢ়ালে- ৰাতি কুকুৰটো শুই থাকোঁতে মনে মনে গৈ পূর্ণহতীয়া কোব শোধাবি। দুই তিনি ৰাতি তেনেকৈ কোবালেই সি ৰাতি ফষ্টি মাৰি শুবলৈ এৰিব আৰু ৰাতি কোনোবা মানুহ আহিলে কোব খোৱাৰ ভয়ত ভূঁকিবলৈ আৰম্ভ কৰিব।

বুলুৰ পৰামৰ্শ অনুসৰি ৰাহুলে কামটো কৰাত আশাতীত ফল পাইছিল। শেষত এনেকুৱা অৱস্থা হৈছিল যে, ৰাতি সিহঁতৰ ঘৰলৈ কোনোবা মানুহ আহিব লগা হ'লে কুকুৰৰ ভয়ত বাটৰপৰা মাতি মাতিহে আহিব লগা হৈছিল।

কালিৰ ঘটনাটোৰ মূলতো কুকুৰটোৱে আছিল। ৰাহুল ভেড়া এটা পোৱালি পুহিছিল। সি ভেড়া পোৱালিটোকো ট্রেনিং দিছিল। তাৰ ট্রেনিঙৰ ধৰণটো আছিল ওলোটা। পীৰা এখন হাততলৈ এৰ' বুলি ক'লে ভেড়া পোৱালিটোৱে পীৰাত খুন্দা মাৰিছিল আৰু ধৰ' বুলি ক'লে খুন্দিয়াবলৈ এৰিছিল।

এদিন দিলুই ট্রেনিঙৰ ধৰণটো দেখি ক'লে- এনেকৈ ওলোটাকৈ শিকাইছ কিয়? আচলতে ধৰ' বুলি ক'লেহে খুন্দিয়াব লাগিছিল আৰু এৰ' বুলি ক'লে খুন্দিয়াবলৈ এৰিব লাগিছিল।

ৰাহুলে দিলুৰ কথা খণ্ডন কৰিবলৈ যুক্তি দৰ্শালে- ওলোটাকৈয়ে শিকালো। ভেড়াবনো কি ভাষা জ্ঞান আছে। আমি যেনেকৈ শিকাম ই তেনেকৈয়ে শিকিব। ইয়ো ট্রেনিঙৰ এটা কৌশল বেলেগ মানুহে ইয়াৰ তলা-নলা নাপাব।

সিদিনা দিলুই বাৰু' বুলি শলাগি থৈছিল আৰু দিলুৰ কথা নুশুনাৰ ফলতে আজি তাৰ এই দশা।

ঘটনাটো ঘটিছিল এনেকৈ-

ৰাহুলহঁতৰ বজাৰত প্ৰতি বছৰে মাঘবিহুৰ উৰুকাৰ দিনা মেলা বহে। এই পৰম্পৰাটো সিহঁতৰ গাঁৱত বহুদিন আগৰপৰাই চলি আহিছে।

মেলা উপলক্ষ্যে লাকড়ীবাৰী খেলৰ লগতে ল'ৰা-ছোৱালীৰ বিভিন্ন খেল অনুষ্ঠিত হয় যদিও মেলাৰ প্ৰধান আকর্ষণ হ'ল ষাঁড়যুঁজ প্রতিযোগিতা। এই দিনটোৰ কাৰণে গাঁৱখনৰ বহুতে ষাড় পোহে। যুঁজৰ বাবে উপযুক্ত অর্থাৎ শক্তিশালী কৰিবলৈ ষাঁড়বোৰক আছুতীয়াকৈ ভালকৈ দানা-পানী খোৱাই লোদোৰ-পোদোৰ কৰি তোলে। এই ষাঁড়যুঁজৰ মূখ্য উদ্দেশ্য যুঁজ যদিও ইয়াৰ এক পৰোক্ষ উদ্দেশ্যও আছে। সেয়া হ'ল গৰুক স্বাস্থ্যবান কৰি গঢ়ি তোলাৰ প্ৰতিযোগিতা। ইয়াৰপৰা যথেষ্ট আর্থিক লাভো হয়। যি হাল গৰুৰে দহবিঘা মাটি চহাব পাৰিলেহেঁতেন ষাঁড়যুঁজৰ বাবে স্বাস্থ্যবান কৰি তোলাৰ কাৰণে সেই হাল গৰুৰে কমেও পোন্ধৰ বিঘা মাটি চহাব পাৰে। যিটো ষাঁড়ৰ মূল্য দুই তিনি হাজাৰ টকা হ'লহেঁতেন তাৰ মূল্য কমেও ছয় সাত হাজাৰ টকা হয়গৈ। ইফালে গাঁৱৰ মানুহৰ আমোদ-প্রমোদৰ কাৰণে বিশেষ কোনো ব্যৱস্থা নাই। সেয়ে এই ষাঁড়যুঁজ উপলক্ষ্যে গাঁৱৰ মানুহে এটা দিন হাই-উৰুমি কৰি কটায়।

ৰাহুলৰ দেউতাকে ষাঁড়যুঁজ ভাল নাপায়। অর্থাৎ নিৰীহ প্রাণীক কষ্ট দি আমোদ-প্রমোদ কৰাটো তেওঁ সমৰ্থন নকৰে। সেয়ে ৰাহুলহঁতৰ ষাঁড় থাকিলেও তেওঁ মেলালৈ নিবলৈ নিদিয়ে।

মেলাখনত প্ৰতি বছৰে দুই চাৰিটা ভেড়াৰ যুঁজো হয়। ভেড়াৰ যুঁজো চাবলগীয়া হয়। যুঁজৰ সময়ত দুটা ভেড়াই পিছ ঠেঙৰ ওপৰত ভৰ দি ফেপেৰি পাতি থিয় হৈ পৰস্পৰে পৰস্পৰৰ মূৰ লক্ষ্য কৰি খুন্দিয়ায়। শিঙে শিঙে খুন্দা লাগি ঠাচ্ ঠাচ্ শব্দ হয়। সেয়ে ভেড়া যুঁজ চাবলৈয়ো যথেষ্ট মানুহে ভিৰ কৰে।

সেয়ে ৰাহুলে বজাৰৰপৰা মেজেণ্টা আনি তাৰ ভেড়াটোক ৰঙচঙীয়াকৈ সজাই ষাঁড়ৰ পৰিৱৰ্ত্তে মেলালৈ লৈ গৈছিল আৰু ভেড়াটোক আন এটা ভেড়াৰ লগত যুঁজ কৰিবলৈ লগাই দিছিল।

সি ভেড়াটোক উৎসাহিত কৰাৰ কাৰণে 'এৰ এৰ ধৰ ধৰ' বুলি চিঞৰি আছিল। ওলোটাকৈ প্ৰশিক্ষণ দিয়াৰ কাৰণে এৰ বুলি কোৱাৰ লগে লগে ভেড়টোৱে প্ৰতিপক্ষ ভেড়াৰ মূৰত খুন্দা মাৰি আছিল আৰু ধৰ বুলি কোৱাৰ লগে লগে খুন্দিয়াবলৈ এৰিছিল। সি এইদৰে এৰ এৰ, ধৰ ধৰ' বুলি চিঞৰি আছিল আৰু ভেড়াটোৱে প্ৰতিপক্ষ ভেড়াৰ লগত প্ৰাণপণে যুঁজ কৰি আছিল। ভেড়া দুটাৰ কোনোটো কম নহয়। কোনেও কাকো নেৰে। দুয়োটা সমান সমান।

এনেতে ঘটিল ঘটনাটো ৰাহুলৰ পোহনীয়া কুকুৰটো ক'ৰবাৰপৰা আহি মনে মনে ভেড়া যুঁজ চাই আছিল। এবাৰ ৰাহুলে 'ধৰ' বুলি কোৱাৰ লগে লগে কোনেও তৰ্কিব নোৱাৰাকৈ কুকুৰটো প্ৰতিপক্ষ ভেড়াৰ ওপৰত জঁপিয়াই পৰি পিঠিত কামোৰ মাৰি ধৰিলে। ঘটনা ভীষণ যেন দেখি ৰাহুলে কুকুৰটোক সাৱটি ধৰি এৰ এৰ' বুলি চিঞৰি কুকুৰৰ মুখৰপৰা ভেড়াটোক এৰুৱাবলৈ চেষ্টা চলালে। তেতিয়াই ওলোটা প্ৰশিক্ষণৰ প্ৰভাৱ পৰিল । ৰাহুলে এৰ এৰ বুলি খুন্দিয়াবলৈ উৎসাহিত কৰিছে বুলি ভাবি ৰাহুলৰ ভেড়াটোৱে প্ৰতিপক্ষৰ ভেড়াটোক লক্ষ্য কৰি খুন্দা মাৰিলে। কিন্তু ৰাহুলে কুকুৰটোক সাৱটি ধৰি থকাৰ কাৰণে খুন্দাটো ভেড়াৰ গাত নালাগি ৰাহুলৰ আঁঠুত লাগিল। প্রচণ্ড খুন্দাৰ আঘাতত আই ঐ' বুলি ৰাহুল লগে লগে মাটি বাগৰি পৰিল।

ৰাহুলক মনে মনে থকা দেখি দিলুই ক'লে- মনে মনে থাকিলি যে! আমি অহাত বেয়া পালি নেকি?

দিলুৰ কথাত ৰাহুলে সম্বিত ঘূৰাই পালে । সি লাজ মিহলি সুৰত অপৰাধীৰ দৰে ক'লে- নাই নাই, বেয়া পোৱা নাই। ভালহে পাইছো তহঁতে মোৰ খবৰ কৰিবলৈ অহাৰ কাৰণে। মই বেলেগ কথাহে ভাবি আছিলো।

এনেতে ৰাহুলৰ দেউতাকে কালি কুকুৰে কামোৰা ভেড়াটোলৈ চোতাল পালেহি। ভেড়াটো দেখি কুকুৰটোৱে ভুকিবলৈ ধৰিলে। ৰাহুলৰ দেউতাকে কুকুৰটোক ধমক মাৰি ক'লে- যা যা, গুচ্ ইয়াৰপৰা।

বুলুই ঘটনাটো প্ৰত্যক্ষ কৰিবলৈ বাহিৰলৈ ওলাই আহিল। সি ৰাহুলৰ দেউতাকক এটা ভেড়ালৈ চোতাললৈকে সোমাই অহা লক্ষ্য কৰিলে। ভেড়াটোৰ গাত মেজেণ্টা সনা। পিঠিত দগদগীয়া ঘাঁ। ঘাঁত হালধি সনা।

ভেড়াটো যে কালি কুকুৰে কামোৰা ভেড়া এই কথা অনুমান কৰিবলৈ বুলুৰ অসুবিধা নহ'ল।

দিলুৰ কথাই ঠিক। সমজুৱাই চালিচ কৰি কুকুৰে কামোৰা ভেড়াটোৰ মূল্য নিৰ্দ্ধাৰণ কৰি ৰাহুলহঁতক দি দিছে আৰু ৰাহুলৰ দেউতাকে সমজুৱাই নিৰ্দ্ধাৰণ কৰি দিয়া মূল্য দি ভেড়াটো লৈ আহিছে।

আহত ভেড়াটোলৈ চাই বুলুই ৰাহুলক উদ্দেশ্য কৰি ঠাট্টাৰ সুৰত ক'লে- এইবাৰ আৰু এটা ভেড়াক ওলোটাকৈ ট্রেইনিং দিব পাৰিবি। ৰাহুল চোতাললৈ চাই ভেড়াটোক দেখি অপ্ৰস্তুত হৈ বাগৰ সলাই সিকাতিকৈ শুলে। বুলুহঁতে ইজনে সিজনৰ মুখলৈ চাই অৰ্থপূৰ্ণ হাঁহি মাৰিলে।*

 

                  কল চুৰি

ৰাহুল ও দিলু তেতিয়া মজলীয়া বিদ্যালয়ৰ ছাত্ৰ। আৰু বুলু দুবছৰমান আগতে মজলীয়া বিদ্যালয়ৰ চৌহদত নতুনকৈ স্থাপন কৰা হাইস্কুলৰ ছাত্ৰ। শিক্ষকসকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদত মালভোগ কলৰ পুলি কিছুমান ৰুইছিল। সাৰুৱা মাটি কাৰণে কলগছবোৰ লহপহকৈ বাঢ়ি সময়ত কল লাগিল। একোটা কল প্রায় এবেগেত কৰি। সোণোৱালী বৰণৰ কলবোৰ দেখিলেই জিভালৈ সসৰকৈ পানী আহে। খাবলৈ মন যায়।

কিন্তু কলবোৰ পূৰঠ হ'লেই বিদ্যালয়ৰ চকীদাৰে কাটি আনে আৰু ছাৰসকলে ভগাই ঘৰলৈ লৈ যায়। ইয়াকে লৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাজতে সমালোচনা কৰে; কিন্তু ছাৰসকলৰ চেকনিৰ কোব খোৱাৰ ভয়ত কোনেও মুখ ফুটাই একো নকয়।

এদিন বিদ্যালয়ৰ কললৈ ৰাহুলহঁতৰ মাজত আলোচনা চলিল।

বুলুই আক্ষেপৰ সুৰত ক'লে- কল কলো আমি আৰু খায় ছাৰসকলে। আমাক অন্ততঃ দুই চাৰিটা দিওতো খাব পাৰে। কিন্তু নাই, স্বাৰ্থপৰৰ দৰে গোটেই সোপাই ছাৰসকলে লৈ যায়। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত।

প্রতিবাদ কৰিবলৈ গ'লেই ছাৰসকলৰ চেকনিৰ কোব খাব লাগিব। হেড ছাৰৰ যিহে খং! দিলুই মন্তব্য কৰিলে।

কল আমিও খাম। বুলুই দৃঢ়তাৰে ক'লে।

বুলুৰ দৃঢ়তা দেখি ৰাহুলে কৌতূহলৰ লগতে বিস্ময় প্রকাশ কৰি সুধিলে- কিন্তু কেনেকৈ?

এথোক পূৰঠ কল আমি চুৰি কৰি আনি এঠাইত লুকুৱাই থ'ম আৰু সেইবোৰ পকিলে খাম। বুলুই নির্বিকাৰভাবে ক'লে।

চুৰিৰ কথা শুনি ৰাহুলৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। সি আতংকিত কণ্ঠত ক'লে- স্কুলৰ বস্তু চুৰি কৰি খালে জানো পাপ নহ'?

পাপ? বুলুই বিজ্ঞৰ দৰে ক'লে- পাপ হ'ব কিয়? ছাৰসকলে আমাক ফাঁকি দি খালে যদি পাপ নহয়, আমাৰ স্কুল, আমি গাঁৱে গাঁৱে ঘূৰি কল পুলি গোটাই আনি ৰুইছো। আমাৰ বস্তু আমি খাম, ইয়াত পাপ পূণ্যৰ প্ৰশ্ন আহিব ক'ৰপৰা ?

বুলুই কথাকেইটা কৈ ৰাহুলহঁতৰ প্ৰতিক্ৰিয়া জানিবলৈ পৰ্যক্ষেণৰ দৃষ্টিত সিহঁতৰ ফালে চালে। ৰাহুল আৰু দিলুৰ চকু-মুখত আতংকিত দৃষ্টি।

ৰাহুলহঁতৰ চকু-মুখত আতংকিত দৃষ্টি দেখি বুলুই উপলুঙাৰ সুৰত ক'লে- কি, মনে মনে থাকিলি যে? বোবা হৈ গ'লি নেকি? কিবা এটা ক।

ৰাহুলে শংকিত কণ্ঠত সেমেনা-সেমেনি কৰি ক'লে- নাই নাই, মানে ........

বুলুই পুনৰ উপলুঙাৰ সুৰত ক'লে- বেঙাৰ ধৰে কি মানে মানে কৰি আছ? মোৰ লগত যাবি, নে নাই তাকে কতহঁত ইমান ভয়াতুৰ ! তহঁত মাথোন মোৰ লগত যাবি। তহঁতে একো কৰিব নালাগে। যি কৰিব লাগে মই কৰিম।

কিন্তু ধৰা পৰিলে......... দিলুই শংকিত কণ্ঠত সুধিলে।

মাইকী মানুহৰ দৰে কথা নক'বিচোন। এইদৰে তিৰস্কাৰ কৰি বুলুই বিদ্রূপৰ সুৰত ক'লে- ধৰা পৰিলে ! ধৰা পৰিম কিয়? ইয়াৰ আগতেও দেখোন কিমান লিচু, জলফাই, আম আদি চুৰি কৰি খালো, কেতিয়াবা ধৰা পৰিছো নেকি?

ধৰা পৰা নাই মানে? বুঢ়ীৰ আম চুৰিৰ কথা পাহৰিলি নেকি? সেইযে কাণত ধৰি...... ৰাহুলে ইচ্ছা কৰিয়ে বাক্যটো শেষ নকৰিলে।

আম চুৰিৰ কথা কোৱাত বুলুৰ কৃপণ বুঢ়ীৰ আম চুৰিৰ ঘটনা মনত পৰি গ'ল।

সিহঁতৰ গাঁৱত এজনী কৃপণ বুঢ়ী আছে। কেও কিছু নথকা বুঢ়ী। অঞ্চলটোত কৃপণ হিচাপে পৰিচিতা। কৃপণ বুঢ়ী বুলিলে অঞ্চলটোৰ আটায়ে তাইক চিনি পায়।

বুঢ়ীৰ বাৰীত আম, জাম, লেতেকু, বগৰী, জলফাই, ৰবাব টেঙাকে আদি কৰি বতৰৰ ফল-মূল উভৈনদী। ফলবোৰ পকি মোক খা, মোক খা' কৰি থাকে। কিছুমান ফল সৰি তল ভৰি থাকে। গছৰ তলত পৰি পচিলে পচক, আক্ষেপ নাই; কিন্তু কোনোবাই বুটলিবলৈ গ'লেই বুঢ়ী বাঢ়নীডাল জোকাৰি খেদি আহে।

সিদিনা দুপুৰ বেলা ৰাহুলহঁতে ছেগ বুজি বুঢ়ীৰ বাৰীত আম চুৰি কৰিবলৈ সোমাইছিল। নেতৃত্বত আছিল বুলু। বুলু গছ বগোৱাত ওস্তাদ। সি গছত উঠিল। দিলু আৰু ৰাহুল গছৰ তলত ৰৈ বুলুই চিঙি পেলোৱা আমবোৰ বুটলি আছিল।

বুঢ়ীয়ে কেনেবাকৈ কথাটো গম পাই বাঢ়নীডাললৈ সিহঁতক খেদি আহিল। ৰাহুলহঁতে বুঢ়ীক দেখি 'বুলু বুঢ়ী, নামি আহ' বুলি বুলুক সঁকীয়াই দি দৌৰি পলাল। বুলু গছৰপৰা নামি আহে মানে বুঢ়ী আহি গছৰ তল পালেহি।

বুলু বিবুধিত পৰিল। যিহে ৰণচণ্ডী বুঢ়ী! আজি কোবাইহে এৰিব। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। ভবা মতেই কাম। সি তৎক্ষণাৎ সৰুপানী উলিয়াই বুঢ়ীৰ গালৈ বুলি মুতি দিলে। মুতৰ ছিটকনি আহি বুঢ়ীৰ গাত লাগিল। মুতৰ ছিটকনি গাত লগাত ৰাম ৰাম' বুলি বুঢ়ী আঁতৰি গ'ল। সেই ছেগতে বুলু গছৰপৰা নামি ভিৰাই লৰ মাৰিলে।

বুঢ়ী সিদিনাই আহি বুলুৰ দেউতাকৰ আগত গোচৰ দিছিল আৰু দেউতাকে তাক পুৰা দুঘণ্টা ৰ'দৰ মাজত কাণত ধৰাই থিয় কৰাই থৈছিল।

সিদিনাৰ কথা মনত পৰাত ৰাহুলে ক'লে- সিদিনাৰ সেই আম চুৰিৰ কথা জানো তোৰ মনত নাই?

কথাষাৰে বুলুৰ অন্তৰত শেলৰ দৰে আঘাত হানিলে যদিও সি নির্লিপ্ত ভাবে ক'লে- সিদিনা দিন-দুপুৰত চুৰি কৰিবলৈ গৈছিলো। কাৰণেহে ধৰা পৰিছিলো। এইবাৰ ৰাতিহে চুৰি কৰিম।

ৰাতিৰ কথা শুনি ৰাহুল অধিক আতংকিত হৈ উঠিল। কিন্তু সি মনৰ দুৰ্বলতা প্ৰকাশ নকৰি স্কুলৰ বস্তুৰ দোহাই দি বুলুক চুৰি কাৰ্যৰপৰা বিৰত কৰিবলৈ চেষ্টা চলালে তথপি স্কুলৰ বস্তু... ৰাহুলে বাক্যটো আধৰুৱাকৈ এৰিলে।

বুলুই ক'লে- বাদ দে তোৰ স্কুলৰ বস্তু! সেইবোৰ আচলতে আমাৰহে বস্তু। ইয়াত চুৰি প্ৰশ্নই নুঠে। আমি কেতিয়াবা দেখোন ঘৰৰ ইবিধ সিবিধ বস্তু চুৰি কৰি খাও। তয়ো নাখার জানো? তাত পাপ হয় নেকি? ঘৰৰ বস্তু চুৰি কৰি খালে যদি পাপ নহয়, স্কুলৰ বস্তু চুৰি কৰি খালেও পাপ নহ'ব। স্কুলৰ বস্তুওতো ঘৰৰ বস্তুৰ নিচিনাই। কাৰণ কল পুলিবোৰ আমিয়ে ৰুৱা নাই জানো? তহঁতে যদি ভয় কৰিছা সেয়া বেলেগ কথা।

ৰাতিৰ কথা শুনি প্ৰকৃতাৰ্থতেই ৰাহুলৰ মনত ভয় সঞ্চাৰ হৈছিল; কিন্তু বুলুই ভয়াতুৰ বুলি উপলুঙা কৰাৰ ভয়ত সি নিজৰ দুৰ্বলতা গোপন কৰি ক'লে- বাৰু, মই যাবলৈ প্ৰস্তুত আছো।

দিলু তই? বুলুই দিলুলৈ চাই সুধিলে।

দিলুই ৰাহুলৰ সুৰত সুৰ মিলাই ক'লে- ময়ো যাম।

শুভস্য শীঘ্রম বুলি কথা এষাৰ আছে। তেনেহ'লে কাইলৈয়ে ৰাতিয়ে আমি কামটো কৰিম। নে কি কোৱা ?

তই কৈছ যেতিয়া কাইলৈয়ে কৰিম বাৰু। ৰাহুলে নিজৰ মত ব্যক্ত কৰিলে।

বুলুই দিলুৰ মতামত জানিব বিচাৰিলে। দিলুও সন্মতি জনালে।

বুলুই কলে- এই কথা ঘুণাক্ষৰেও যাতে প্রকাশ নহয়। কথাষাৰ মনত ৰাখিবি। কাইলৈ জোনটো পাটত বহাৰ পাছত ঘৰৰপৰা মনে মনে ওলাই আহি আমি তিনিও মছজিদৰ কাষত লগ হ'ম।

এইদৰে সিহঁতে দিন আৰু সময় নিৰ্দ্ধাৰণ কৰি সিদিনাৰ কাৰণে ঘৰাঘৰি গ'ল।

সিদ্ধান্ত মতেই পাছদিনা জোনটো পাটত বহাৰ পাছত তিনিও আহি মছজিদৰ কাষত লগ লাগিল । তাৰ পাছত সিহঁতে কল চুৰি কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে। বিদ্যালয়খন অলপ আওঁহতীয়া ঠাইত। ওচৰে-পাজৰে জন বসতি নাই। বিদ্যালয়ৰ কাষ পোৱাৰ লগে লগে সিহঁতৰ বুকু ঢঢপাবলৈ ধৰিলে। বুকুত যেন কোনোবাই হাতুৰিৰেহে কোৱাইছে এনেকুৱা উপলব্ধি হ'বলৈ ধৰিলে সিহঁতৰ ।

পিছে পিছে কোনোবা আহিছে নেকি তাকে ঘূৰি ঘূৰি চাই সিহঁত খৰ খোজত বিদ্যালয় অভিমুখে আগবাঢ়িবলৈ ধৰিলে।

তৃতীয়াৰ জোনটো কেতিয়াবাই পশ্চিমাকাশত লুকাই পৰিছিল। পৃথিবীখন যেন এন্ধাৰৰ বুকুত হেৰাই গৈছে। আকাশৰ তৰাবোৰ যেন এন্ধাৰৰ ফালে টটাকৈ চাই আছে। তৰাৰ তিৰ্বিনিলৈ চাই দুই এটা জোনাকী পৰুৱাই বাঁহনিৰ মাজে মাজে এন্ধাৰ খেদিবলৈ প্ৰয়াস কৰি আছে। জিলীৰ মাতে যেন নিশাৰ গভীৰতাক অধিক জয়াল কৰি তুলিছে।

হঠাৎ সিহঁতৰ মূৰৰ ওপৰেদি বাদুলি এটা উৰি গ'ল। দিলুই ভয়ত বুলুক সাৱটি ধৰিলে।

বুলুই দিলুক ঠেলা মাৰি ক'লে- তই ইমান ভয়াতুৰ নেকি? সেয়া বাদুলিহে । আমাৰ দৰেই কল খাবলৈ আহিছে হবলা। ৰাহুলৰ মনত ভয় উপজিছিল যদিও নিজক সাহসী বুলি প্ৰতিপন্ন কৰিবলৈ ক'লে- বাদুলিবোৰ ৰাতিহে মাথোন ওলায় কিয়?

তই তাকো নাজান নেকি ! বুলুই বিজ্ঞৰ দৰে ক'লে- বাদুলিয়ে দিনত নেদেখে, ৰাতিহে দেখে। বাদুলি নিশাচৰ প্ৰাণী। দিনত চকুৰে নমনে কাৰণে ৰাতি আহাৰ বিচাৰি ওলায়।

দিলুই নিজক চম্ভালি ক'লে- আমিও যদি বাদুলিৰ দৰে উৰিব পাৰিলোহেঁতেন বৰ মজা হ'লহেঁতেন। ছাৰসকলে কল খোৱাৰ আগতেই আমি খাব পাৰিলোহেঁতেন।

দিলুৰ মন্তব্যত ৰাহুলে ইতিকিং কৰি ক'লে- তোৰ আৰু এটা লাভ হ'লহেঁতেন। ৰাতি কল খাই দিনৰ আধালৈকে শুৱ পাৰিলিহেঁতেন।

দেউতাই মোক ৰাতিপুৱা দেৰিকৈ শুবলৈ নিদিয়ে। ৰাতিপুৱা দেৰিকৈ শুলে হেনো স্বাস্থ্য বেয়া হয়। সূর্যোদয়ৰ লগে লগে এজাক চেঁচা বতাহ বয়। সেই বতাহ গাত লগাব পাৰিলে হেনো স্বাস্থ্যৰ কাৰণে ভাল। বুলুই তাৰ দেউতাকে কোৱা কথাৰ পুনৰাবৃত্তি কৰিলে।

মোৰ কিন্তু ৰাতিপুৱাহে টোপনি ভাল হয়। দিলুই কলে।

সেই কাৰণেই তোৰ স্বাস্থ্য বেয়া আৰু হার্ট দুর্বল। মোক চাচোন, ৰাতিপুৱা উঠাৰ কাৰণে মোৰ স্বাস্থ্য ভাল আৰু ভয়ো কম। বুলুই গৰ্বেৰে সৈতে ক'লে- সুস্থ দেহতহে সুস্থ মন থাকে।

সৌৱা কি চাচোন। ৰাহুলে বিদ্যালয়ৰ ফালে আঙুলিয়াই ক'লে- চাচোন চা, বৃদ্ধ মানুহৰ দৰে কোনোবা এজন নলীনাদৰ কাষত লাখুটিত ভৰ দি থিয় হৈ থকা নাইনে?

বুলু আৰু দিলু কৌতুহলী হৈ উঠিল। সিহঁতে বগলীৰ দৰে ডিঙি মেলি মূৰটো ওখ কৰি ৰাহুলে আঙুলিয়াই দেখুৱা ঠাইডোখৰৰ ফালে চাই থমকি ৰৈ গ'ল । সিহঁতে লক্ষ্য কৰিলে, ৰাহুলে কোৱা ধৰণে বৃদ্ধ মানুহ এজন যেন লাখুটিত ভৰ দি থিয় হৈ মূৰটো অলপ অলপকৈ লৰাই আছে।

দৃশ্যটো দেখি তিনিওৰে শৰীৰ ৰোমাঞ্চিত হৈ উঠিল। গাৰ নোমবোৰ ডাল ডালকৈ শিয়ৰি উঠিল।

ভূত' বুলি দিলু চিঞৰি উঠিল। বুলুই তাৰ মুখত হাতেৰে সোপা মাৰি ধৰি ক'লে- নিচিঞৰিবিচোন। চিঞৰিলে সকলো শ্রম অথলে যাব। আমাৰ দৰেই কোনোবাই কল চুৰি কৰিবলৈ আহিছে হবলা। আগতে চাই লওঁচোন বেটাই কি কৰে!

নাই নাই, নালাগে । ৰাহুল আতংকিত কণ্ঠত ক'লে- ভূতে বোলে মানুহৰ তেজ খায়। মোৰ বৰ ভয় লাগিছে। কল চুৰি কৰিব নালাগে। ব', গুচি যাওঁগৈ। আমাৰ ঘৰত কলৰ আকাল নাই। চুৰি কৰি খোৱাৰ কি প্রয়োজন?

বুলুই ধমকিৰ সুৰত ক'লে- তই বৰ ভয়াতুৰ। চুৰি কৰি খোৱাৰ মজাই বেলেগ। তদুপৰি ইমান কষ্ট কৰি আহি খালী হাতে উভতি যাম নেকি? ভূত-প্রেত বোলা কোনো প্রাণী নাই। সিদিনা বিজ্ঞানৰ ছাৰে কথাটো আমাক বুজাই কৈছে। এইদৰে কৈ বুলুই সন্ধানী দৃষ্টি মেলি বিদ্যালয়ৰ ফালে চাই পঠিয়ালে । কিছু সময় নিৰীক্ষণ কৰাৰ পাছত ক'লে- সেইজন মানুহেই হ'ব। আমাৰ দৰে কল চুৰি কৰিবলৈকে আহিছে হয়তো। ধৰি দিব পাৰিলে হেড্‌ছাৰে নিশ্চয় আমাক পুৰস্কাৰ দিব। গতিকে চোৰটোক এনেকৈ এৰি থৈ পলাই যাম নেকি?

চোৰ হ'লে তেনেকৈ মুকলি ঠাইত থিয় দি থাকিব কিয়? লৰচৰ নকৰাকৈ দেখোন একে ঠাইতে থিয় দি আছে। দিলুই সংশয় প্রকাশ কৰি ক'লে।

ভূত হ'লেও তেনেকৈ লৰচৰ নকৰাকৈ থিয় দি থাকিব কিয় ? বুলুই বিৰক্তি প্রকাশ কৰি ক'লে।

দিলুই কিবা ক'ব খুজিছিল। এনেতে কেঁচুৱাই কন্দাৰ দৰে বাদুলি এটা চিঞৰি উঠিল। দিলুই পুনৰ বুলুক সাৱটি ধৰি ঠক্‌ঠককৈ কঁপিবলৈ ধৰিলে।

চাচোন, কেনেকৈ মেলেৰীয়া ৰোগীৰ দৰে কঁপি আছে। বুলুই তিৰস্কাৰৰ সুৰত ক'লে- ইমান ভয় কৰিলে তই হার্টফেল কৰি মৰিবি। চাও, এৰি দে মোক।

দিলুই বুলুক এৰি দি অনুৰোধৰ সুৰত ক'লে- ব', কল চুৰি কৰিব নালাগে। আমাৰ ঘৰত বহুত কল আছে। তাৰপৰাই তহঁতক খাবলৈ দিমহি।

বুলুৰ ভয় কম। সি ৰাহুল আৰু দিলুতকৈ বয়সতো ডাঙৰ। ইফালে ভূত বোলা প্রাণীবিধৰ প্ৰতি তাৰ সৰুৰে পৰাই আস্থা নাই। ইয়াৰ মূলতো আছিল এৰাতিৰ এটা ঘটনা।

সিদিনা বুলু দেউতাকৰ লগত এঠাইত নিমন্ত্ৰণ খাবলৈ গৈছিল। ওভতোতে ৰাতি হৈছিল আৰু ওভতাৰ বাটতে ঘটিছিল ঘটনাটো।

সিহঁত মুকলি পথাৰ এখনৰ মাজেদি আহি আছিল। বুলু সন্মুখত পাহাৰৰ দৰে কিবা এটা দেখি থমকি ৰৈ সন্মুখৰ ফালে আঙুলিয়াই দেউতাকক সুধিলে- দেউতা, সন্মুখত পাহাৰৰ দৰে সৌৱা, সৌটো কি থিয় হৈ আছে?

দেউতাক থমকি ৰৈ সুধিলে- কোনটো ?

সৌৱা, সৌটো। ৰাহুলে পুনৰ সন্মুখৰ ফালে আঙুলিয়াই দেখুৱালে।

' সেইটো! দেউতাকে হাঁহি মাৰি ক'লে- সেইটো দেখোন কাঁইৰ দ'ম। যোৱাৰ সময়ত তই জানো লক্ষ্য কৰা নাছিলি?

 যোৱাৰ সময়ত নিশ্চয় দেখি গৈছিল। কিন্তু বুলুই কথাটো পাহৰি গৈছিল। দেউতাকে মনত পেলাই দিয়াতহে কথাটো তাৰ মনত পৰিল। সিহঁত যোৱাৰ সময়ত দ'মটোৰ কাষেদিয়ে গৈছিল। পুনৰ সিহঁত কাঁইৰ দ'মটোৰ কাষেদিয়ে নির্বিঘ্নে পাৰ হৈ আহিল।

মটো পাৰ হৈ দৈউতাকে সুধিলে- কাঁইৰ দ'মটোক তই কি বুলি ভাবিছিলি ?

বুলুই কৈানো উত্তৰ নিদিলে। তাক মনে মনে থকা দৈখি দেউতাকে পুনৰ ক'লে- তাৰ মানে তই ভূত বুলি ভাবিছিলি? আচলতে ভূত বোলা কোনো প্রাণী নাই। ভূত হ'ল মনৰ ভ্ৰম।

আগতে বুলুৰ ভূতৰ প্ৰতি কিছু ভয় আছিল যদিও সিদিনাৰপৰা তাৰ মনৰপৰা ভূতৰ ভয় নোহোৱা হৈছে।

কল পাছতে খাম ৰ'বুলুই নির্বিকারভাবে ক'লে- আগতে চাই আহোগৈ বস্তুটোনো কি? তহঁত ইয়াতে থাক, ম‍ই অকলে গৈ চাই আহোগৈ। ভূতে তেজ খায় যদি মোৰে খাওঁক।

ৰাহুলহঁতৰ অনুমতিলৈ অপেক্ষা নকৰি বুলু কলগছ কাটিবলৈ অনা দাখন মুঠি মাৰি ধৰি সদন্তে বিদ্যালয়ৰ ফালে আগুৱাই গ'ল।

ৰাহুলহঁতে ইজনে সিজনক সাৱটি ধৰি ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে।

বুলু আহি আহি একেবাৰে ভূতৰ কাষ পালেহি। কিন্তু ভূত ক'? এয়া দেখোন নলীনাদৰ পাৰত সদায় দেখি থকা কঁহুৱা জোপাহে। বুলুই দুটা কঁহুৱা ফুল চিঙিলৈ ৰাহুলহঁতৰ কাষলৈ আহিলসি কঁহুৱা ফুল ৰাহুলহঁতৰ ফালে আগবঢ়াই ক'লে- চা, এয়াই সেই ভূতটো। বতাহত হালি-জালি থকাৰ কাৰণে মূৰটো লৰাই থকা যেন অনুমান হৈছিল। ব', তহঁতে নিজেই চাবিহি।

ৰাহুলহঁতক লৈ বুলু নলীনাদৰ কাষলৈ আহিল। বুলুৰ কথাই ঠিক। কঁহুৱাজোপা বতাহত হালি-জালি আছে। সিহঁতৰ মনৰপৰা ভূতৰ ভয় নিমিষতে আঁতৰ হ'ল। মনৰপৰা ভূতৰ ভয় আঁতৰ হোৱাত সিহঁত উৎসাহিত হৈ উঠিল আৰু পূৰঠ কেঁচা কল এথোক কাটি কেকোঁ- জেকোঁকৈ কঢ়িয়াই আনি বুলুহঁতৰ ধান খেৰৰ তলত লুকুৱাই থলে।

পাছদিনাই কল চুৰিৰ ঘটনালৈ বিদ্যালয়ত হুৱা-দুৱা লাগিল। কোনে কল চুৰি কৰিলে এই বিষয়ে নানা জল্পনা-কল্পনা চলিল। প্ৰাৰ্থনাৰ সময়ত প্রধান শিক্ষকে সুধিলে- কোনে স্কুলৰ বস্তু চুৰি কৰিছে তোমালোকে কিবা ক'ব পাৰিবা নেকি?

আটায়ে সমস্বৰে ক'লে- আমি নাজানো ছাৰ ।

বুলুও আটায়েৰে লগত সুৰ মিলালে। একমাত্ৰ ৰাহুল আৰু দিলু মনে মনে থাকিল। সিহঁতে ইচ্ছা কৰিও মুখৰপৰা কোনো শব্দ উচ্চাৰণ কৰিব নোৱাৰিলে। সিহঁতৰ ধাৰণা হ'ল যেন সিহঁতৰ জিভা জঠৰ হৈ গৈছে।

প্রধান শিক্ষকে ক'লে- বাৰু, তোমালোকে জনাটো সম্ভৱো নহয়। ভবিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ বাবে আমি সতর্কতা বশতঃ কল চুৰিৰ সবিশেষ জনাই থানাত এখন এজাহাৰ দিব লাগিব।

ৰাহুল আৰু দিলুৰ বাহিৰে আটায়ে কথাটোত সন্মতি জনালে। এজাহাৰৰ কথা শুনি ৰাহুলৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল । সি দিলু আৰু বুলুক একাষৰীয়াকৈ মাতি আনি ক'লে- এতিয়া কি কৰিবি? ইমানকৈ মানা কৰিলো তথাপি নুশুনিলি । এতিয়া পা মজাটো। পুলিচৰ হাতত পৰিলে হাড়-মঙহ একাকাৰ কৰিব।

পুলিচৰ কথা শুনি বুলুৰ মনতো ভয় সঞ্চাৰ হ'ল। পুলিচ আহি সোধা-মেলা কৰিলে কথাটো হয়তো গোপনে ৰখা সম্ভৱ নহ'ব। অন্ততঃ দিলুই ভয়ত কথাটো কৈ দিয়াটো খাটাং। স্কুলত পুলিচ অহা দেখিলে সি ভয়ত দৌৰি পলাবলৈও চেষ্টা কৰিব পাৰে। যিহে ভয়াতুৰ সি। তেতিয়া জোলোঙাৰ মেকুৰী নিজে নিজেই ওলাই পৰিব। সেয়ে বুলুই চিন্তিত কণ্ঠত ক'লে- কিন্তু স্বীকাৰ কৰিলে ছাৰসকলে জানো আমাক সুদাই এৰিব?

ছাৰসকলে মাৰিলেও মাৰক, কাটিলেও কাটক। সেই বুলি মই পুলিচৰ লাঠিৰ কোব খাব নোৱাৰিম। দিলুই স্পষ্ট ভাবে জনাই দিলে

ৰাহুলেও দিলুক সমৰ্থন কৰি ক'লে- মোৰো একেই কথা। মাৰে যদি ছাৰসকলেই মাৰ্ক, সেই বুলি পুলিচৰ লাঠিৰ কোব নাখাও ।

বুলুই নিজৰ অপৰাধ স্বীকাৰ কৰি ক'লে- কথাটো ইমান গুৰুতৰ হ'ব বুলি জানিলে এই কাম কেতিয়াও নকৰিলোহেঁতেন। বাৰু, তহঁতে কি কৰিব খুজিছ কৰ।

বুলুৰ কথা শেষ হ'বলৈহে পালে ৰাহুল থৰক-বৰক খোজেৰে প্ৰধান শিক্ষকৰ ওচৰলৈ আহি কোনো ধৰণৰ ভূমিকা নকৰাকৈ তেওঁৰ ভৰিত ধৰি ক'লে- কল আমিয়ে চুৰি কৰছো, ছাৰ। আমাক বচাওঁক ছাৰ। এনেকুৱা কাম ম‍ই জীৱনতো নকৰিম ।

ৰাহুলৰ কথা শুনি প্রধান শিক্ষক হতবাক। অন্যান্য শিক্ষকসকলো স্তব্ধ। ছাত্র-ছাত্রীসকল ভয়ত সন্ত্রস্ত। কাৰো মুখত কথা নাইইজনে সিজনৰ মুখলৈ চাই চকু-মুখৰ ভাষাৰে বিস্ময় প্রকাশ কৰিবলৈ ধৰিলে। ফলত ঠাইডোখৰত বেজি সৰা নিস্তব্ধতা বিৰাজ কৰিবলৈ ধৰিলে। প্রধান শিক্ষকে নীৰৱতা ভংগ কৰি সুধিলে- তুমি অকলে নিশ্চয় এই কাম কৰিবপৰা নাই। আৰু কোন কোন আছিল তোমাৰ লগত ?

ৰাহুলে উত্তৰ দিয়াৰ আগতেই বুলু আৰু দিলু আগবাঢ়ি আহি প্ৰধান শিক্ষকৰ ভৰি ধৰি ক'লে- আমিও আছিলো. ছাৰ।

উপস্থিত ছাত্র-ছাত্রীসকল ভয়ত বিবৰ্ণ হৈ উঠিল। হেড্‌ ছাৰৰ যিহে খং। আজি ইহঁতৰ পিঠি চিৰাচিৰ কৰিহে এৰিব।

কিন্তু ছাত্র-ছাত্রীসকলে ভবামতে নহ'ল। প্রধান শিক্ষকে সকলোকে অবাক কৰি ক'লে- বাৰু, নিজৰ ভুল নিজেই স্বীকাৰ কৰিছা যেতিয়া প্ৰথমবাৰৰ কাৰণে ক্ষমা কৰি দিলো। এনেকুৱা কাম দুনাই নকৰিবা। চুৰি কৰা মহাপাপ। লোকৰ বস্তুক সদায় মাটিৰ চপৰাৰ দৰে জ্ঞান কৰিবা। তেহে মানুহৰ শুভেচ্ছা লাভ কৰিব পাৰিবা। যোৱা, শিক্ষকসকলৰ ওচৰতো ক্ষমা খোজাগৈ।

প্রধান শিক্ষকৰ কথা শেষ হোৱাৰ লগে লগে তিনিও গৈ আন আন শিক্ষকসকলৰ ভৰিত ধৰি ক্ষমা খুজিলে। শিক্ষকসকলেও ক্ষমা কৰি দিলে।

কৃতজ্ঞতাত ৰাহুলহঁতৰ চকুৰপৰা চকুপানী ওলাল। ছাত্র-ছাত্রীসকলে প্রধান শিক্ষকৰ উদাৰতাৰ প্ৰশংসা কৰিবলৈ ধৰিলে।*

                      উপসহাৰ

হাইস্কুলখন স্থাপন হোৱাৰ পাছৰপৰা গাঁৱখনত নৱজাগৰণৰ সৃষ্টি হৈছে। হাইস্কুলখন স্থাপন হোৱাৰ আগতে দুই চাৰ্জিন অৱস্থা সম্পন্ন ঘৰৰ ল'ৰাৰ বাহিৰে বেছিভাগেই এম, ই পাছ কৰাৰ পাছত শিক্ষা জীৱনৰ যৱনিকা টানিব লগা হৈছিল। হাইস্কুলখন স্থাপন হোৱাৰ পাছৰপৰা এই সমস্যা সমাধান হৈছে। শিক্ষা অবিহনে যে সমাজ এখন সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলা সম্ভৱ নহয় এই কথা গাঁৱখনৰ আটায়ে হাড়ে হিমজুৱে উপলব্ধি কৰিব পাৰিছে। গাঁৱখনৰ বহুতো মানুহে হাইস্কুলখন স্থাপন হোৱাৰ আগতে ছোৱালীবিলাক বিদ্যালয়লৈ যোৱাটো অপৰাধ হিচাপে গণ্য কৰিছিল। কাৰণ ছোৱালীবিলাক বিদ্যালয়লৈ গ'লে নৈতিক চৰিত্ৰৰ অধঃপতন হয় বুলি সিহঁতৰ মাজত এটা ভুল ধাৰণা আছিল। বিদ্যালয়খন স্থাপন হোৱাৰ পাছৰপৰা এই মনোভাৱবো যথেষ্ট পৰিৱৰ্ত্তন হৈছে।

কল চুৰিৰ ঘটনাৰ পাছৰপৰা ৰাহুলহঁতৰো যথেষ্ট পৰিৱৰ্ত্তন হৈছে। আগতকৈও অধ্যয়নৰ প্ৰতি অধিক মনোযোগী হৈছে। এইবাৰ ৰাহুল শ্ৰৈণীত প্ৰথম আৰু দিলু দ্বিতীয় হৈছে। ববিতা আৰু বুলু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী। সিহঁত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব বুলি আটায়ে আশা পালি আছে।

হাইস্কুলখন স্থাপন হোৱাৰ পাছৰপৰা বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন পাতিবলৈ লৈছে। কেইদিনমান আগতে এই বছৰৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈ গৈছে। বাৰ্ষিক অধিবেশন পতাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলৰ জনসাধাৰণক বিদ্যালয়খনৰ অধিক ওচৰ চপাই আনিছে। সহ-বিদ্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা বৃদ্ধি পাইছে। ছাত্র-ছাত্রীসকলে একাংকিকা নাট, গীত-মাতত অংশ গ্ৰহণ কৰি জনসাধাৰণৰপৰা ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছে। এনেকি এই বছৰৰ চহৰৰপৰা অহা অতিথিসকলেও ছাত্ৰ-ছাত্ৰীৰ ভূয়সা প্ৰশংসা কৰি গৈছে। লিখা- পঢ়াৰ লগতে খেল-ধেমালি, গীত-মাতৰ চৰ্চা হোৱাটোও যে প্রয়োজন তেওঁলোকে এইবোৰ কথা ভালদৰে বুজাই কৈ গৈছে।

এইবাৰ চহৰৰপৰা অহা মূখ্য অতিথিৰ এটা অংকই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ৰাহুলৰো ভাল লাগিছে অংকটোমুখ্য অতিথিগৰাকী আছিল চহৰৰ বিখ্যাত কলেজ এখনৰ অধ্যাপক। কলেজীয়া জীৱনত তেওঁ হেনো আন্তঃকলেজ তর্ক প্রতিযোগিতাত দুবাৰ প্ৰথম হৈছিল। তেওঁ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে নানা কথাবুজাই কোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈ গৈছে- মৰমৰ ছাত্র-ছাত্রীসকল, যদিও মই অংকৰ শিক্ষক নহয় তথাপি মই তোমালোকক এটা অংক শিকাম। ম‍ই শিকোৱা অংক অনুসৰি যদি চলিব পাৰা মোৰ বিশ্বাস তোমালোকে জীৱন যুঁজত জয় লাভ কৰিব পাৰিবা। এতিয়া অংকটো কওঁ শুনা-

আমাৰ ভাৰতীয় মানুহৰ গড় আয়ু বাৱন্ন বছৰ। এই কথা তোমালোকৰ বহুতেই হয়তো শুনিছা। ল'ৰা-ছোৱালী সাধাৰণতে ছয় বছৰ বয়সত বিদ্যালয়লৈ যায় অর্থাৎ ছয় বছৰ বয়সৰপৰা আমাৰ জীৱন যুঁজ আৰম্ভ হয়। প্ৰথম পৰ্যায়ত প্ৰাইমাৰীত পাঁচ বছৰ, এম, ইত তিনি বছৰ আৰু হাইস্কুলত চাৰি বছৰকে ধৰি মুঠ বাৰ বছৰ আমি বিদ্যালয়ৰ চাৰি বেৰৰ মাজত কটাব লগা হয়। দ্বিতীয় পৰ্যায়ত কলেজত পাঁচ বছৰ আৰু বিশ্ববিদ্যালয়ৰ দুই বছৰকে ধৰি মুঠ সাত বছৰ শিক্ষাৰ লগত জড়িত থাকিব লগা হয়। এইদৰে আমি মুঠ ঊনৈছ বছৰ আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত থাকিব লগা হয়। ইয়াৰ লগত ল'ৰালিৰ ছয় বছৰ যোগ কৰিলে আমি পঁচিছ বছৰ কাল জীৱন যুঁজৰ সফল সেনানী হোৱাৰ বাবে কটাব লগা হয়। এতিয়া বাৱন্ন বছৰৰপৰা পঁচিছ বছৰ বাদ দিলে থাকে সাতাইছ বছৰ। অৰ্থাৎ এই সাতাইছ বছৰ আমি জীৱনৰ প্ৰকৃত যুঁজত লাগি থাকিব লগা হয়।

আমাৰ বাৱন্ন বছৰীয়া জীৱনত আমি ল'ৰালিৰ ছয় বছৰ বাদ দি বাকী ঊনৈছটা বছৰ সুখ-স্বাচ্ছন্দ্য একাষৰীয়াকৈ থৈ একাণপতীয়াভাবে নিজক জীৱনৰ যুঁজৰ সফল সেনানী হিচাপে প্রক্ষেপ কৰিবলৈ যত্নপৰ হ'লে জীৱনৰ বাকী সাতাইছটা বছৰ সুখ-স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰোহঁক। বিপৰীত পক্ষে আমি জীৱনৰ প্ৰথম ঊনৈছটা বছৰ শিক্ষা-দীক্ষাৰ প্ৰতি পিঠি দি উচ্ছৃংখল জীৱনৰ প্ৰতি ধাবিত হ'লে শেষৰ সাতাইছটা বছৰ আমাৰ কাৰণে বিষময় হৈ উঠাটো স্বাভাবিকএতিয়া তোমালোকে নিজেই চিন্তা কৰা কোনটো জীৱন তোমালোকে বাচি ল'বা? স্বাচ্ছন্দ্যময় জীৱন, নে বিষময় জীৱন। সিদ্ধান্ত তোমালোকৰ হাতত।

ৰাহুলৰ অংকটো খুবেই ভাল লাগিছে। ঊনৈছ বছৰ কষ্ট কৰি সাতাইছ বছৰ সুখ ভোগ কৰাটো উচিত বুলি ভাবি সি দুগুণ উৎসাহেৰে লিখা-পঢ়াত আত্মনিয়োগ কৰিছে। ফলত তাৰ লিখা-পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি পাইছে। পিতৃ-মাতৃৰ লগতে শিক্ষকসকলেও তাক বৰ্তমান অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সি জনপ্ৰিয় হৈ উঠিছে। ৰাহুলে নিজেও পণ লৈছে, সি মাক-দেউতাকৰ লগতে বিদ্যালয় তথা গাঁৱখনৰ নাম উজলাব। অসমৰ মানচিত্ৰত নিজৰ গাঁৱখনৰ এক সুকীয়া পৰিচয় প্ৰদান কৰিব।*

(* ঘটনাবোৰ সত্তৰ দহকৰ সমাজ ব্যৱস্থা আৰু শিশু মনস্তত্ত্বৰ ওপৰত ভিত্তি কৰি লেখা হৈছে।)

                      অন্ত

28

14

10

9

8

7

5

1

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)