বিদেশী কালজয়ী অনুবাদ গল্প

 


বিদেশী কালজয়ী অনুবাদ গল্প

                   সূচীপত্ৰ

শোক -(মূল ৰুচ-আন্তন পাভলভিচ চেখভ)

প্ৰেমৰ কলা।- (মূল-অহেনৰি)

একে মাটিৰ দুই ৰং-(মূল-অহেনৰি)

বহুৰূপী- -(মূল ৰুচ-আন্তন পাভলভিচ চেখভ)

ভাড়াৰ গৰ্ভ-(মূল বার্মীজ- ফ্লেমিং)

শত্ৰু--(মূল ৰুচ-আন্তন পাভলভিচ চেখভ)

আতিথ্য- (মূল- গোল্ড কৰ্শ)

ফুট্‌ফুটীয়া পটিৰ ৰহস্য। (মূল- আৰ্থাৰ কোনান ডয়েল)

হাত- মোপাচা

গোনাহগাৰ (পাপী )- হামিদ জৰ্বী

ডকাইত, স্বৰ্গ আৰু মকৰাৰ জাল- আকুতা ভাৱা

সুকৰাতে বিষ পান কৰিলে- অজ্ঞাত

 

 

                                  শোক

(মূল ৰুচ- আন্তন পাভলভিচ চেখভ)

সমগ্ৰ জিলাত কুন্দকাৰ মিস্ত্রী গ্ৰেগৰি পেত্ৰভৰ নাম ওস্তাদ কাৰিগৰ হিচাপে যিমান পৰিচিত মাতাল আৰু প্ৰথম নম্বৰৰ' হতচিৰি হিচাপেও সিমানে পৰিচিত। সেই পেত্ৰভ তাৰ অসুস্থ স্ত্ৰীকলৈ হাস্পতাললৈ গৈ আছে। ত্রিছ ভেস্ত (মেট্রিক পদ্ধতি প্ৰৱৰ্তনৰ আগলৈকে ৰুচ দেশৰ দৈৰ্ঘৰ পৰিমাণ । এক ভেক্ত১.০৬৬ কিলোমিটাৰ) ৰাস্তা সি ঘোঁড়া গাড়ীটো চলাই যাব লাগিব। বাট ভয়াবহ। এনেকি ডাকোৱাল, হকাৰসকলেও এই ৰাস্তাৰ লগত পাল্লা দিবলৈ গৈ অস্থিৰ হ'ব লগা হয়। সোৰোপাৰ বাদচাহ পেত্ৰভৰ কথা বাদেই দিলো। হাড় কঁপোৱা হিম চেঁচা বতাহৰ ঠেকা আহি মুখমণ্ডলত লাগিছে। কুঁৱলীৰ পাপৰিবোৰ ঘূৰ্ণি বতাহে চৌদিশে সিঁচৰতি কৰি দিছে। কুঁৱলী আকাশৰপৰা সৰিছে, নে মাটিৰপৰা উঠি আহিছে ঠাৱৰ কৰা টান হৈ পৰিছে। পথাৰ, বন, টেলিফোনৰ খুঁটা-~ একোৱে ঠাৱৰ কৰা সম্ভৱ হোৱা নাই। ধুমুহাৰ ঠেকা যেতিয়া জোৰেৰে আহি লাগিছে গ্রেগৰিয়ে তেতিয়া গাড়ীৰ বমাডালো মণিবপৰা নাই। বৃদ্ধ দুৰ্বল ঘোঁৰাটো কেল্‌ঢোপ্ কেল্‌ঢোপকৈ লাহে লাহে আগবাঢ়িছে। গভীৰ বৰফৰ মাজত সোমাই যোৱা ভৰিটো টানি তুলি মূৰটো সন্মুখৰ ফালে আগবঢ়াই নিবলৈ যেন তাৰ শক্তি নিঃশেষ হৈ গৈছে। কুন্দকাৰৰ খুবেই দৌৰাদৌৰি। সি তাৰ আসনত স্থিৰ হৈ বহিব পৰা নাই। সময়ে সময়ে জপিয়াই উঠিছে আৰু ঘোঁৰাটোৰ পিঠিত  কশাঘাত কৰিছে।

মাত্রিয়োনা, নেকান্দিবা...অনুচ্চ সুৰত কলে গ্রেগৰিয়ে। অকণমান সহ্য কৰা। ভগবানৰ কৃপাত অলপ সময় পাছতে হাস্পতাল গৈ পামহি। এতিয়াই তেওঁলোকে তোমাক চাবহি...... পাভেল ইভানিচে কেই টোপালমান ঔষধ দিব, নহলে কাটি বেয়া তেজ বাহিৰ কৰি দিব। নহ'লে তোমাৰ শৰীৰটো স্পিৰিটেৰে ভালদৰে মালিচ কৰি দিবলৈ কব। জানাতো, মালিচ কৰিলে পাঁজৰৰ বিষ কমে। পাভেল ইভানিচৰ সাধ্যত কুলায় মানে সকলো কৰিব। তুমি নাভাবিবা। মানুহজন বৰ ভাল, বহল হৃদযৱ, ভগবানে তাৰ ভাল কৰক। আমি গৈ পোৱাৰ লগে লগে ব্যস্ত ভাবে ভিতৰৰপৰা বাহিৰলৈ ওলাই আহিব আৰু খিংখিঙীয়া মাতেৰে কব- কাক লাগে? দৰ্কাৰ কি? তাৰ পাছত চিঞৰি চিঞৰি ব- আৰু কিছুদিন আগত আহিব নোৱাৰিলা? মোক তোমালোকে কি বুলি ভাবিছা? এটা কুকুৰ? ওৰেটো দিন তোমালোকৰ দৰে ভূতবোৰৰ বেগাৰ খাটিম ! ৰাতিপুৱা অহা নাই কিয়? যোৱা, কাইলৈ আহিবা। যোৱা, বাহিৰ হোৱা। মই তেতিয়া কম- ডাক্তাৰ বাবু, পাভেল ইভানিচ! হুজুৰ। তেতিয়া তেওঁ কব- এই বেটা জলদি কৰ, জলদি।

সি ঘোঁৰাৰ পিঠিত চাবুকঘাত কৰিলে। স্ত্ৰীৰ ফালে নোচোৱাকৈ সি অনুচ্চ সুৰত বলকি যাবলৈ ধৰিলে- দেবতাৰ শপত, পবিত্ৰ ক্ৰুচৰ শপত, ডাক্তাৰ বাবু, সেই দোকমোকালিতে ঘৰৰপৰা ওলাইছো। দেবতাই যদি খং কৰি এনেকৈ বৰফ ধুমুহাৰ তাণ্ডৱ চলায়, আমি সঠিক সময়ত কেনেকৈ আহি পাম, কওঁকচোন। আপুনিয়ে ভাবি চাওঁক, ডাক্তাৰ বাবু, বলিষ্ঠ ঘোঁৰাও এই ধুমুহা ঠেলি আহ্বিলৈ ভাগৰি পৰিলহেঁতেন। আৰু চাওঁক মোৰ ঘোঁৰাৰ অৱস্থা…....….... এইটোক ঘোঁৰা বুলিবলৈও লাজ লাগে।

পাভেল ইভানিচ তেতিয়া ভ্ৰূৰযোৰ কোঁচাই ধমক মাৰি কব- তহঁতক চিনিবলৈ মোৰ বাকী নাই। তহঁতৰ যে ওজৰৰ অভাব নহয় সেয়াও মই জানো। বিশেষকৈ তই, তোক মই হাড়ে-হিমজুৱে চিনি পাওঁ। আহোঁতে আহোঁতে অন্ততঃ পাঁচবাৰ ফটিকাৰ দোকানত সোমাই আহিছ, নহয়নে বাৰু?

মই তেতিয়া কম- কিযে কয়, ডাক্তাৰ বাবু, চেনেহ-মৰম, জ্ঞান-বোধ একোৱে নাই নেকি মোৰ? মোৰ বঢ়ীজনী মৰিবলৈ ওলাইছে, বিষত কেঁকাইছে, আৰু মই নেকি যাম ফটিকাৰ দোকানত? ছিঃ ছিঃ ! এনেকুৱা কথা আপুনি কব পাৰিলে কেনেকৈ, ডাক্তাৰ বাবু? উছন যাওঁক তেনে ফটিকাৰ দোকান। তাৰ পাছত পাভেল ইভানিচ তেওঁৰ লোকসকলক হুকুম কৰিব তোমাক হাস্পতাললৈ নিবলৈ।

মই তেতিয়া তাৰ সন্মুখত আঁঠুকাঢ়ি বহি কম- ডাক্তাৰ বাবু, হুজুৰ, আপুনিযে মোৰ কি উপকাৰ কৰিলে ! আমাৰ দৰে নিৰ্বোধ-মূৰ্খবোৰক ক্ষমা কৰক। আমালোকৰ ব্যৱহাৰত দায়-দোষ নধৰিব। আমি হ'লো হোজা হালোৱা মানুহ। আমাক ইয়াৰপৰা খেদি পঠিওৱাই উচিত, তথাপি আপোনাৰ কি দয়া! এই বৰফ ধুমুহাৰ মাজত আপুনি নিজে আমাক চাবলৈ ওলাই আহিছে। পাভেল ইভানিচ মোৰ কথা শুনি এনেকুৱা কঠিন ভাবে চাব যে, ধাৰণা হ'ব যেন মোক দুটা ঘোচাহে শুধালে। পাছত কব মোৰ ভৰিৰ ওপৰত লুটি-বাগৰ নাখাই আগতে ভটকাৰ নিচা এৰোৱা আৰু এই বুঢ়ীটোৰ ওপৰত অলপ দয়া-মায়া দেখুৱা। তোৰ ভৰিৰপৰা মূৰলৈকে চাবুক মাৰা উচিত। চাবুক মৰা উচিত, সঁচাকৈয়ে চাবুক মৰা উচিত।

ভগবানৰ শপত, সঁচাকৈয়ে চাবুক মৰা উচিত। আপোনাৰ ভৰিৰ ওপৰত পৰি লুটি-বাগৰ মৰাৰ বাহিৰে আমাৰ উপায় কি, কওঁক? আপুনিয়ে আমাৰ আই-বোপাই। আপোনাৰ দয়াৰ ওপৰেতেইতো আমি জীয়াই আছো। এয়া হক কথা, হুজুৰ ৷ দেবতাই জানে, তিলমানো মিছা কোৱা নাই, এই কথা অমান্য কৰিলে মোৰ মুখত থুৱাই দিব। মোৰ মাত্ৰিয়োনা সামান্য আৰোগ্য হৈ উঠিলেই, গাত অলপ বল পাব, আপুনি তেতিয়া মোক যি তৈয়াৰ কৰি দিবলৈ হুকুম কৰিব মই তাকেই তৈয়াৰ কৰি দিম। আপুনি কলে, ফুটফুটীয়া আঁচ থকা বাৰ্চ কাঠৰ সুন্দৰ চিগাৰেট কেচ, নাইবা ক্রোকে খেলাৰ বল বা স্কিটল এনেকৈ তৈয়াৰ কৰি দিম যে, ভাবিব বিদেশী বস্তু.........যি কব তাকেই তৈয়াৰ কৰি আনিম। তাৰ কাৰণে এটি কোপেকো খৰচ নালাগে। মই যি চিগাৰ্টে কেচ তৈয়াৰ কৰি দিম মস্কোত তাৰ মূল্য কমেও চাৰি ৰুবল পৰিব। অথচ মোৰ এটা কোপেকো নালাগিব।

ডাক্তাৰ বাবুই তাকে শুনি হাঁহি মাৰি কব- বাৰু, হৈছে হৈছে। মাথোন আফচোচৰ কথা, তই মাতাল।

গিন্নী, ভদ্রলোকৰ মন ৰাখি কেনেকৈ কথা কব লাগে সেয়া মই জানো। এনে কোনো ভদ্রলোক নাই যাক মই বলাব নোৱাৰো। দেবতাৰ দয়াত এতিয়া বাট ভুল নকৰিলেই হল। উঃ কি ধুমুহা! বৰফৰ কাৰণে একো ঠাৱৰ কৰা সম্ভৱ হোৱা নাই।

কুন্দকাৰ অনৰ্গল বলকি গৈছে। অস্বস্তি কম কৰাৰ কাৰণে চাবি দিয়া মেচিনৰ দৰে অনৰ্গল বলকি গৈছে সি। মুখ যদিও থামা নাই, তথাপি তাৰ মূৰত কিন্তু ভাবনা-চিন্তাৰ অন্ত নাই। সি অপ্রত্যাশিত ভাবে নিদাৰুণ শোক পাইছে, বিনা মেঘে বজ্ৰপাতৰ দৰে। শোকত ম্রিয়মান হৈবিহ্বল হৈ পৰিছে সি। চম্ভালি উঠিব পৰা নাই। পৰা নাই স্বাভাৱিক অৱস্থাত ঘূৰি আহিবলৈ। ইমান দিন তাৰ জীৱন চিন্তা-ভাবনা শূন্য ভাবে উটি ফুৰিছিল তাৰ মাতলামিৰ আৱেশৰ মাজত। আনন্দ বা দুঃখ একোৱে সি উপলব্ধি কৰা নাই। হঠাৎ সি উপলব্ধি কৰিব পাৰিলে যে, তাৰ বুকুৰ মাজত এক ধৰণৰ নিদাৰুণ যন্ত্ৰণা পাক খাই উঠিছে। স্ফূর্তিবাজ, নিষ্কর্মা মাতালটোৱে হঠাৎ আৱিষ্কাৰ কৰিলে যে, সি ব্যস্ত কামৰ মানুহ হৈ উঠিছে, সি যুঁজিব লগা হৈছে প্ৰকৃতিৰ বিৰুদ্ধে।

তাৰ মনত পৰিছে এই শোকৰ সূত্ৰপাত হৈছে যোৱা নিশাৰপৰা। আগদিনা সন্ধিয়া যথাৰীতি মাতাল অৱস্থাত ঘৰলৈ আহি বহু দিনৰ অভ্যাসবশতঃ সি তাৰ স্ত্ৰীক মাৰধৰ, গালি-গালাজ কৰাৰ পাছত লক্ষ্য কৰিলে যে, তাৰ স্ত্ৰী তাৰ ফালে নেকুৱা অদ্ভুত ভাবে চাই আছে, যিদৰে আগতে কোনোদিন চোৱা নাই। সাধাৰণতঃ এই সময়ৰ চাউনিটো থাকে আধামৰা বেচেৰা কুকুৰৰ দৰে। যাৰ কাৰণে নিৰ্ধাৰিত বেদম মাৰ আৰু সামান্য খাদ্য। কিন্তু তেতিয়া তাই চাই আছিল কঠিন দৃষ্টিত, সাধুসকলৰ বিগ্ৰহ আৰু মুমূর্ষু মানুহ যিদৰে চাই থাকে। অদ্ভুত অস্বস্তিকৰ সেই চকুযোৰ চোৱাৰ পাছৰপৰা তাৰ দুখৰ সূত্ৰপাত। কিংকৰ্ত্তব্য বিমুঢ় হৈ সি এজন চুবুৰীয়াৰপৰা ঘোঁৰাটো খুজি আনিছে। এতিয়া স্ত্ৰীকলৈ গৈ আছে হাস্পতাললৈ৷ আশা, ডাক্তৰে মলম আৰু টেবলেট দি বুঢ়ীৰ স্বাভাৱিক দৃষ্টি ঘূৰাই আনিব।

সি আকৌ অনুচ্চ সুৰত কবলৈ ধৰিলে-মাত্ৰিয়োনা, খেয়াল ৰাখিবা, পাভেল ইভানিচ যদি সোধে মই তোমাক মাৰিছো নেকি, বা, ‘নাই নাই, হুজুৰ।কেতিয়াও আৰু তোমাৰ গাত মই হাত নুতুলো। পবিত্ৰ ক্ৰুচৰ নামত শপত খাইছো, কেতিয়াও নামাৰো। তুমিতো মনে মনে জানাই, মাত্রিয়োনা, তোমাক মই মাৰিম বুলি নামাৰো। কৰিবলৈ একো নাথাকে বুলিয়ে মাৰো। তোমাৰ প্ৰতি সঁচাকৈয়ে মোৰ দৰদ আছে। বেলেগ কোনোবা হলে হয়তো গ্ৰাহ্যই নকৰিলেহেঁতেন। মই কাৰণেহে তোমাক হাস্পতাললৈ লৈ গৈ আছো..... চাইছাতো, মোৰ সাধ্যে কুলায় মানে কৰি আছো। উঃ কি ধুমুহা! হে ভগবান, ৰাস্তা যাতে নেহেৰাও। মাত্ৰিয়োনা, তোমাৰ কঁকালৰ বিষটো এতিয়া কেনে পাইছা? কথা কোৱা নাই কিয়? কঁকালত লাগিছে নেকি?

কিন্তু অদ্ভুত ব্যাপাৰ, বুঢ়ীৰ মুখমণ্ডলৰ ওপৰৰ বৰফ গলা নাই, মুখমণ্ডল কেনেকুৱা যেন দীঘল হৈ গৈছে! বৰণো মমৰ দৰে বগা, শেঁতা। চাই আছে খুবেই কঠোৰ গম্ভীৰ ভাবে।

হেৰা, বুৰ্বক বুঢ়ী! কুন্দকাৰ অনুচ্চ সুৰত কলে। মই কত ভালদৰে সুধিছো ভগবানক সাক্ষী কৰি আৰু.…...…....ধেৎতেৰি বুৰ্বক বুঢ়ী, তেনেহ'লে এয়া ডাক্তৰৰ ওচৰলৈ যাবলৈ এৰিলো, এতিয়া বুজা মজাটো!

সি ঘোঁৰাৰ লেকাম ঢিলা দি বহি বহি ভাবিবলৈ ধৰিলে। ঠিক কৰিবপৰা নাই বুঢ়ীৰ ফালে ঘূৰি চাবনে নাই; আচলতে সি ভয় খাইছে। অনর্গল প্রশ্ন সোধা সত্ত্বেও উত্তৰ নাপাই সি বেচ ভয় খাই গৈছে। শেষ মুহূর্তত সকলো সংশয় দূৰ কৰাৰ কাৰণে বুঢ়ীৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি তাইৰ চেঁচা হাতখন ধৰিলে। হাতখন এৰি দিয়াত পৰি গ'ল শিলৰ দৰে।

মৰি গৈছে তেনেহ'লে, হায় মোৰ কপাল !

সি কান্দিবলৈ ধৰিলে। শোকতকৈ বিৰক্তিয়ে বেছি তাৰ। ভাবিলে, জীৱনত ঘটনাবোৰ কিমান ততাতৈয়াকৈ ঘটি যায়। তাৰ হৃদয়ত শোক উথলি উঠাৰ আগতেই সকলো শেষ হৈ গ'ল। বুঢ়ীকলৈ জীয়াই থাকিবলৈ আৰম্ভ নকৰোঁতেই, তাইক মনৰ কথা কওঁতে নৌকওঁতেই , দয়া-মায়া দেখুৱাওতে নৌদেখুৱাওতেই তাই মৰি গ'ল...…...চল্লিছ বছৰ সি বুঢ়ীকলৈ পাৰ কৰিছে, এই চল্লিছটা বছৰ যেন কুঁৱলীৰ মাজত পাৰ হৈ গৈছে। মাৰধৰ, মাতলামি, অভাব-অনাটন......এইবোৰৰ মাজেৰে কেনেকৈযে দিনবোৰ পাৰ হৈ গৈছে সি ঠাৱৰে কৰিবপৰা নাই। যি মুহূৰ্তত বুজিব পাৰিলে সি তাৰ স্ত্ৰীক ভালপায়, তাইৰ অবিহনে সি জীয়াই থাকিব নোৱাৰিব, সেই মুহূর্তেই বুঢ়ী তাক এৰি থৈ গুচি গ'ল ৷

তাৰ বহু কথা মনত পৰিছে। মানুহৰ দুৱাৰে দুৱাৰে তাই ভিক্ষা মাগি ফুৰিছে। সিয়ে তাইক পঠাইছে, এটুকুৰা ৰুটিৰ কাৰণে। হায়, মোৰ পোৰা কপাল! বুঢ়ী হয়তো আৰু দহ বছৰমান জীয়াই থাকিলহেঁতেন৷ এতিয়া ভবিছে, সঁচাকৈয়ে সি বেয়া। কি কাণ্ড ! মই গৈ আছো ক লৈ? এতিয়াযে এওঁক কবৰ দিয়া দৰ্কাৰ, ডাক্তৰৰ দৰ্কাৰ নাই। হেই হেই, যা, যা!

গ্ৰিগৰি ঘোঁৰটোক ঘূৰাই সজোৰে চাবুক চলালে। প্রতি ঘণ্টাত ৰাস্তাৰ অৱস্থা মাৰাত্মক হৈ উঠিছে। গাড়ীৰ বমাটো এতিয়া মুঠেই তাৰ চকুত পৰা নাই। সৰু সৰু ফাৰ গছত খুন্দা লাগি গাড়ীটো মাজে মাজেই জঁপিয়াই উঠিছে। কলা কিবা এটা বস্তুত ঘঁহনি লাগি তাৰ হাতৰ ছাল এৰাই গ'ল ৷ নিমিষতে যেন বস্তুটো তাৰ চকুৰ আগেদি পাৰ হৈ গ'; আকৌ বগা ঘূর্ণি বতাহ। বগা ঘূর্ণি বতাহৰ বাহিৰে সি একোকে মণিবপৰা নাই।

জীৱনটো যদি গুৰিৰপৰা পুনৰ আৰম্ভ কৰিবপৰা গ'লহেঁতেন! কুন্দকাৰে ভাবিলে।

তাৰ মনত পৰিল চল্লিছ বছৰ আগত মাত্ৰিয়োনা আছিল লাস্যময়ী সুন্দৰী তৰুণী, তাইৰ দেউতাকৰ অৱস্থা স্বচ্ছল আছিল। ওস্তাদ কাৰিগৰ বুলিয়ে সিহঁতে সিহঁতৰ ছোৱালীক তাৰ লগত বিয়া দিছিল। জীৱনত সুখী হোৱাৰ কাৰণে যিবোৰ বস্তু দৰ্কাৰ সেইবোৰ বস্তুৰ সিহঁতৰ অভাব নাছিল। কিন্তু বিয়াৰ পাছতেই সেইযে চৌকাৰ কাষত বেহুচ হৈ পৰি গ'ল তাৰ পাছত সি আৰু সংজ্ঞা ঘূৰাই পোৱা নাই। বিয়াৰ কথা তাৰ মনত আছে, কিন্তু তাৰ পাছত কি ঘটিছে বহু চেষ্টা কৰিও সি মনত পেলাবপৰা নাই। মাথোন মনত পৰে সি মদ খাইছে, মাৰ্ধৰ কৰিছে আৰু বেহুচ হৈ টোপনি গৈছে। এনেকৈয়ে তাৰ চল্লিছটা বছৰ পাৰ হৈ গৈছে।

তুষাৰ ধুমুহাৰ বগা মেঘবোৰ লাহে লাহে ধূসৰ হৈ উঠিছে। সন্ধিয়া নামি আহিছে।

আৰে, মই ক লৈ গৈ আছো। কুন্দকাৰ নিজেই নিজক সুধিলে। এওঁকযে কবৰ দিব লাগিব, অথচ হাস্পতালৰ ফালে গৈ আছো.....নির্ঘাত মোৰ মূৰৰ গণ্ডগোল হৈছে।

আকৌ সি ঘোঁৰাটোক চাবুক মাৰিলে। ঘোঁৰাটোৱে চিঁহি কৈ চিঞৰি গাৰ সমস্ত শক্তি প্রয়োগ কৰি কদমত ঢেঁকুৰ মেলিলে। কুন্দকাৰ তাক পুনঃ পুনঃ চাবুক মাৰি গ'ল.…...…....পাছফালৰ পৰা হঠাৎ এটি শব্দ আহি তাৰ কাণত পৰিল, ঘূৰি নোচোৱাকৈয়ে সি বুজিব পাৰিলে গাড়ীৰ গাত লাচটোৰ মূৰৰ খুন্দা লাগিছে। অন্ধকাৰ ক্ৰমে ক্ৰমে ঘন হৈ আহি আছে.…...…….ধুমুহাৰ বেগ যেনেকৈ বাঢ়িছে, বতাহে৷ তেনেকৈ চেচা আৰু তীক্ষ্ণ হৈ উঠিছে।

নতুনকৈ আকৌ জীৱন আৰম্ভ কৰিবলৈ হলে, কুন্দকাৰ ভাবিলে, সকলো যন্ত্রপাতি নতুনকৈ যোগাৰ কৰিলোহেঁতেন......নতুন কামৰ ফৰমাচো আনিলোহেঁতেন.....…..টকা পইচা তাইৰ হাততেই তুলি দিলোহেঁতেন......নিশ্চয়ে দিলোহেঁতেন।

তাৰ পাছত তাৰ হাতৰপৰা লেকামডাল খহি পৰিল। সেইটো সি বিচাৰিবলৈ চেষ্টা চলালে, কিন্তু হাতত তুলি ল'ব নোৱাৰিলে। তাৰ হাতদুখন অসাৰ হৈ গৈছে........

কুচ পৰোৱা নাই, সি ভাবিলে। ঘোঁৰাটো নিজে নিজেই যাব পাৰিব, ৰাস্তা চিনে। অলপ টোপনি যাব পাৰিলে ভাল আছিল.....কবৰ দিয়া আৰু শেষ উপাসনা কৰাৰ আগলৈকে জিৰণি ল'ব পাৰিলে ভাল হ'লহেঁতেন।

কুন্দকাৰে চকু মুদি টোপনিয়াবলৈ ধৰিলে। খন্তেক পাছতে ঘোঁৰাটো থিয় হোৱাৰ শব্দ তাৰ কাণত পৰিল। চকু মেলি সি সন্মুখৰ ফালে পঁজাঘৰ অথবা খেৰৰ পূঁজিৰ দৰে ক'লা কিবা এটা দেখা পালে.......

মনে মনে উপলব্ধি কৰিব পাৰিলে, এইবাৰ সি গাড়ীৰপৰা নামি কত আহি উপস্থিত হৈছে এই বিষয়ে খা-খবৰ লৈ অহা উচিত। কিন্তু তাৰ সৰ্ব শৰীৰ ইমানেই অৱসন্ন যে, ধাৰণা হল যেন সি অকণো লৰচৰ কৰিব নোৱাৰিব। এনেকি ঠাণ্ডাত গোট মাৰি মৰাৰ হাতৰপৰা বচাৰ কাৰণেও নহয়.....নিশ্চিত মনে সি টোপনি যাবলৈ ধৰিলে।

টোপনি ভঙাৰ পাছত প্ৰত্যক্ষ কৰিলে চুণকাম কৰা এটা ঘৰৰ ভিতৰত সি শুই আছে। খিড়কিৰে উজ্জ্বল ৰদ আহি ঘৰৰ ভিতৰত পৰিছে। কুন্দকাৰে ঘৰৰ ভিতৰত মানুহ দেখা পালে, লগে লগে তাৰ ধাৰণা হ, সিহঁতৰ সন্মুখত ভদ্রতা দেখুৱা দৰ্কাৰ, মার্জিত ব্যৱহাৰ কৰা দৰ্কাৰ।

বুঢ়ীৰ কাৰণে শেষ উপাসনা কৰা দৰ্কাৰ। সি কলে- পুৰোহিতকো খবৰ দিব লাগিব।

তাৰ কথাত কোনোবা এজনে বাধা দি কলে- বাৰু বাৰু, তুমি এতিয়া শুই থাকা।

আৰে, এওঁ দেখোন পাভেল ইভানিচ! হঠাৎ ডাক্তৰক প্রত্যক্ষ কৰি কুন্দকাৰ অবাক বিস্ময়ত চিঞৰি উঠিল- হুজুৰ, আই-বোপাই। বিছনাৰপৰা জঁপিয়াই উঠি চিকিৎসকৰ সন্মুখত আভূমি প্ৰণিপাত কৰিবলৈ তাৰ ইচ্ছা গ, কিন্তু সি উপলব্ধি কৰিব পাৰিলে যে, তাৰ হাত- ভৰি অৱশ হৈ গৈছে- হুজুৰ মোৰ ভৰি ক? মোৰ হাত?

তোমাৰ হাত-ভৰিৰ মায়া এৰি দিয়াতেজ গোট মাৰি অসাৰ হৈ গৈছে। আৰে আৰে, কান্দিছা কিহৰ কাৰণে? জীৱনত একোৱে পাবলৈ বাকী নাই তোমাৰ, তাকে ভাবি ভগবানক ধন্যবাদ দিয়া। ষাঠি পাৰ হৈ গৈছে? তেনেহ'লে তোমাৰ দিনতো পাৰে কৰিছা।

হায় মোৰ কপাল ! হুজুৰ, অপৰাধ নলব। আৰু ছ'টা বছৰ যদি জীয়াই থাকিব পাৰিলোহেঁতেন?

কাৰ কাৰণে?

ঘোঁৰাটো মোৰ নহয়, সেইটো ওভতাই দিব লাগিব....মোৰ বুঢ়ীটোক কবৰ দিব লাগিব। জীৱনত ঘটনাবোৰ খুব লৰালৰিকৈ ঘটি যায়।

হুজুৰ, পাভেল ইভানিচ ! আপোনাৰ কাৰণে ঠিকেই তৈয়াৰ কৰি দিম...... ফুটফুটীয়া আঁচ থকা উৎকৃষ্ঠ কাঠৰ চিগাৰেট কেচ আৰু ক্রোকে খেলাৰ কাৰণে এটা চেট আৰু…....

ডাক্তাৰ হাতৰে ইংগিত কৰি ঘৰৰপৰা ওলাই গ'ল। কাৰণ কুন্দকাৰক আৰু একো কৰিবলৈ নাই।

(জনসাধাৰণ-০২/০১/১৫)

 

                              প্ৰেমৰ কলা।

(মূল- অহেনৰি)

কলাপ্রেমী প্রেমিক-প্রেমিকাৰ কাৰণে কোনো কামেই কঠিন বোধগম্য নহয়। এই যোজনাৰ আধাৰতে গল্পটো লেখা হৈছে; গল্পটো পঢ়াৰ পাছত আপুনি নিশ্চিতভাবে এই সিদ্ধান্তত উপনীত হব পাৰিব।

চিত্ৰকলাৰ বিদ্যাৰ্থী জোআৰু সংগীতৰ বিদ্যার্থিনী ডেলিয়াৰ এনেকুৱা এটি স্থানত প্ৰথমবাৰ পৰিচয় হৈছিল, ত এইবোৰ কলাৰ বিদ্যাৰ্থীসকল গুৰুকূলৰ ৰচনা পাঠ আৰু ইজনে সিজনৰ লগত ভাব বিনিময়ৰ কাৰণে মিলিত হয়। এইদৰে ভাব বিনিময়ৰ ফলতে জোআৰু ডেলিয়াৰ মাজত প্রেম হয় আৰু শেষত সিহঁত দুয়ো বিবাহপাশত আৱদ্ধ হয়।

নবীন দম্পত্তিহালে এটি ফ্লেট ভাড়ালৈ আনন্দ মনেৰে সময়বোৰ পাৰ কৰি আছিল, কিয়নো জোধনী আছিল আৰু ডেলিয়া আৰু ডেলিয়াৰ কলাৰ কাৰণে সি সর্বস্ব ত্যাগ কৰিবলৈ প্ৰস্তুত আছিল। দুয়ো মহত্বাকাংক্ষী আছিল। জোৰ কল্পনাত এনেকুৱা দিনলৈ অধিক দিন নাছিল, যিদিনা তাৰ চিত্ৰই পেৰিচৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত স্থান পাব আৰু তাৰ চিত্ৰ চাই বিখ্যাত কলাকাৰসকলেও দাঁতৰ তলত আঙুলি থৈ ভাবিবলৈ বাধ্য হব- আঃ! এই ভাবনা আমাৰ মনলৈ নাহিল কিয় ! তাৰ কল্পনাত ডেলিয়াৰো তেনেকুৱা দিন আহিবলৈ অধিক দিন নাছিল, যিদিনা তাইৰ সংগীত শুনাৰ কাৰণে টিকট কাটিবলৈ আহি ভিৰৰ কাৰণে এক দুই ডজন লোক অচেতন অথবা আহত হৈ চিকিৎসালয়ত ভৰ্তি বলৈ বাধ্য হব।

চহৰৰ বিখ্যাত শিক্ষকৰ ওচৰত দুয়ো নিজৰ নিজৰ কলা শিকি আছিল। কলা শিক্ষাৰ মাচুল আৰু খৰচ অধিক আছিল যদিও জোই সেইবৰোলৈ ভ্ৰূক্ষেপ কৰা নাছিল। কাৰণ মৰমৰ ডেলিয়া আৰু তাইৰ কলাৰ কাৰণে কিনো কৰিব পৰা নাযায়! এনেকৈ ভাবিছিল জোই।

ভাড়াৰ সৰু ফ্লেটটোত জোৰ কাৰণে মৰম কৰিবলৈ দুটা বস্তু আছিল, এক ডেলিয়া আৰু দ্বিতীয়টো তাইৰ কলা। আনহাতে, ডেলিয়াৰ ওচৰতো মৰম কৰিবলৈ আছিল জোআৰু জোৰ কলা। দুয়ো প্ৰসন্ন আৰু সুখী আছিল। মোৰ ওচৰত যদি কোনোবাই পৰামৰ্শ লবলৈ আহে তেনেহ'লে মই তাক কৈ দিম- নিজৰ প্ৰেমিকা আৰু তাইৰ কলাৰ কাৰণে জোৰ দৰে সমৰ্পণ কৰি দিয়া, স্বৰ্গীয় জীৱন আৰু অনাবিল আনন্দ লাভ কৰিব পাৰিবা।'

যিয়ে নহওঁক! জোৰ পুঁজি শেষ নোহোৱালৈকে (ডেলিয়াতো দুখীয়া আছিল) দুয়ো পৰীৰ দেশত বিচৰণ কৰি আছিল। .... আৰু তেতিয়া ! যাবলৈ দিয়া, সিহঁতৰ লক্ষ্যতো খুবেই স্পষ্ট আৰু বাঞ্ছনীয় আছিল।.. কঠিনতা আহিলতো কি হল! জীৱনত দুখ-কষ্টাতো আছেই! কলাপ্রেমী প্রেমিক-প্রেমিকাৰ দুখ-কষ্টলৈ ভয় কি?.. সামান্য চিন্তা... ভাৱনা কৰাৰ পাছতে ৰাস্তা ওলাল। বচ, ডেলিয়াই এদিন ঘোষণা কৰিলে যে, তাই সংগীতৰ টিউচন কৰিব।

দুই তিনিদিন ছাত্ৰৰ সন্ধান কৰিবলৈ অহা-যোৱা কৰিলে আৰু এদিন সন্ধিয়া ঘৰলৈ উভতি আহি উল্লসিত কণ্ঠত কলে- জো’, মৰমৰ জো’, মই টিউচন পাইছো। আৰু টিউচনো পাইছো এটি সভ্ৰান্ত এটি পৰিয়ালত। মোৰ শিষ্যতো একেবাৰে গোলাপৰ কলি। জেনেৰেল পিঙ্কেনীৰ জীয়েক। সদায় বগা কাপোৰ পিন্ধি থাকিবলৈ ভাল পায়। বয়স ষোল্ল সোতৰৰ ভিতৰত হ'ব। প্রতিদিন মাথো এঘণ্টা শিকাব লাগিব আৰু তাৰ কাৰণে বেতন পঞ্চাছ টকা। ...এতিয়া মই নিজৰ শিক্ষা বন্ধ কৰি দিম।.. কিমান দিন আৰু শিকি থাকিম? আৰু মই এটা টিউচন যোগাৰ কৰিব পাৰিলে তোমাৰ আৰ্ট কলেজৰ মাচুলো অনায়াসে মোকলাব পৰা যাব। এতিয়া চিন্তা-ভাৱনা এৰা। আহা, চাহ ৰেডি..।

তোমাৰ কাৰণেতো ঠিকেই আছে, ডেলি। জোই কলে- কিন্তু মই কি কৰিম? তুমি চাকৰি কৰিবা আৰু মই তোমাৰ পইচাৰে চিত্ৰকলাৰ কল্পনাত উটি-ভাহি ফুৰিম, এয়া জানো ঠিক হ? নাই নাই, এয়া হব নোৱাৰে। ময়োতো কিবা এটা কৰিব পাৰো!

ডেলিয়াই মৰমেৰে জোৰ কান্ধত দুবাহু স্থাপন কৰি ক'লে- মুৰ্খৰ দৰে কথা নকবাচোন। তুমি নিজৰ শিক্ষা চলাই নিবই লাগিব। বাৰু, ময়ো নিজৰ শিক্ষা এৰি নিদিও। ইফালে শিকাই থাকিলেও সংগীতৰ অভ্যাস অধিক বৃদ্ধি পাব।.. আৰু আমাৰ খৰচেই বা কিমান! বৰ আৰামেৰে চলি যাব পাৰিম।

জো'ইয়ে চাহৰ কাপত সোহা মাৰি ক'লে- অৱশ্যে কথাটো বেয়া নহয়। কিন্তু তুমি টিউচন কৰিবা আৰু মই তোমাৰ পইচাৰে... নাই নাই, এয়া মোৰ সহ্য নহ'ব।

ডেলিয়াই মৃদু অথচ দৃঢ় কণ্ঠত কলে- কলাপ্রেমী প্রেমিক-প্রেমিকাৰ কাৰণে কোনো কামেই কঠিন নহয়, সোণ!

জোইয়ে খন্তেক ভাবি কলে- সিদিনা মই যিখন চিত্ৰ আঁকিছো, সেইখন আমাৰ অধ্যাপকে খুবেই পছন্দ কৰিছে। সেইখন কোনোবা চিত্র বিক্ৰেতাৰ দোকানত ওলোমাই থলে নিশ্চয় কোনোবাই কিনিব।

নিশ্চয়, নিশ্চয়, কিয় নিকিনিব!....এইখন চহৰৰ সকলো কলাপ্রেমী নিশ্চয় মৰা নাই!

পাছৰ মাহটো উভয়ে খুবেই ব্যস্ততাৰ মাজেৰে পাৰ কৰিলে। জোৰাতিপুৱা জলপান গ্ৰহণ কৰিয়ে ঘৰৰপৰা ওলাই যায়। ডেলিয়াই দিনটোৰ কাৰণে খাদ্য প্রস্তুত কৰি টিফিনত ভৰাই দিয়ে। সন্ধিয়া ঘৰলৈ আহি জোই কয়, আজি-কালি একেদিনাই দুখন চিত্র আঁকি আছো।

মাহৰ অন্তিম দিনা সন্ধিয়া ডেলিয়া কিছু ক্লান্ত অথচ আত্মগৌৰৱেৰে উজ্জ্বল উচ্ছ্বসিত মুদ্ৰাত কলে- এয়া চোৱা, এয়া হল পূৰা পঞ্চাশ টকা। কেতিয়াবা মোৰ শিষ্যই মোক আমনি কৰে, কিন্তু জেনেৰেল পিঙ্কেনীতো দেৱতাৰ দৰে মানুহ। মোক বিভিন্ন ৰাগৰ বিষয়ে সোধে। তেওঁৰ ডাঢ়ি কেনে বগা ! একেবাৰ েকপাহৰ দৰে। মইতো কেতিয়াবা তেওঁৰ প্ৰশ্ন শুনি একেবাৰে বিৰক্ত হৈ যাও।

আৰু তেতিয়াই জো'ই চীনৰ পৌৰাণিক চাহজাদাৰ দৰে কোটৰ ভিতৰৰ পকেটৰ পৰা দহ টকীয়া পাঁচখন নোট উলিয়াই তিনি খুৰীয়া সৰু মেজৰ ওপৰত ডেলিয়াৰ নোটৰ সমান্তৰালভাবে থলে।

ডেলিয়াই বিস্ময়েৰে জোইৰ মুখৰ ফালে চালে।

জানা, কোনে মোৰ চিত্ৰ কিনিছে? পযৌৰিয়াৰ এগৰাকী শেঠে কিনিছে। চিত্ৰৰ ওপৰত চকু পৰাৰ লগে লগে তেওঁ তেওঁৰ ছেক্ৰেটাৰীক হুকুম দিলেএই চিত্ৰৰ মূল্য দি দিয়া। কিনো কওঁ, চিত্ৰৰ মূল্য মাথোন পঞ্চাশ টকাহে লেখি থৈছিলো।... পাঁচশ লেখি থলেও পৌযৰিয়াৰ শেঠে চিত্ৰখন কিনিলেহেঁতেন।

ডেলিয়াই মাজতে বাধা দি কৌতুহলেৰে সুধিলে- পযৌৰিয়াৰ শেঠ থাকে ক? ইয়াৰ আগতেতো তেওঁৰ নাম কেতিয়াবা শুনা যেন মনত নপৰে!

এইবোৰ খা-খবৰ কৰাৰ মোৰ জানো প্রয়োজন আছিল? শেঠ দেখিবলৈ শকত-আৱত আছিল, ডিঙিত মাফলাৰ মেৰিওৱা আছিল, লগত কমেও এডজন চাকৰ-বাকৰ আছিল। তেওঁ মাথোন সেইখন চিত্রই কিনা নাই আৰু বনাবলৈ অৰ্ডাৰ দি গৈছে।

ধেমালিতো কৰা নাই?

নাই নাই, ইয়াত কিনো ধেমালিৰ কথা দেখিলা? এতিয়া তুমি টিউচন এৰি আনন্দ মনেৰে সংগীত শিকা আৰম্ভ কৰি দিয়া। মাচুলৰ কাৰণে এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই।

ডেলিয়াই প্ৰসন্নতাপূর্বক কলে- মই কোৱা নাছিলোনে, কলাপ্রেমী প্রেমিক-প্রেমিকাই সকলো প্রতিবন্ধকতা সহজে পাৰ কৰি যায়! তুমি তোমাৰ অধ্যয়ন চলাই থকাৰ কাৰণে মই সুখী। বাৰু, আজি তেনেহ'লে ভাল খাদ্য কিবা এটা বনাওঁ, নে কি কোৱা? অহা মাহৰপৰা ময়ো নিজৰ শিক্ষা আৰম্ভ কৰি দিম।

নিশ্চয় নিশ্চয়, মই সিমানলৈকে বজাৰৰপৰা আচাৰ কিনি লৈ আহোগৈ।

পাছৰ মাহত জো'ই সন্ধিয়াৰ আগতেই ঘৰ আহি পালেহি। সি পকেটৰপৰা দহ টকীয়া পাঁচখন নোট উলিয়াই মেজৰ ওপৰত কিতাপেৰে জাপি থৈ হাতত লাগি থকা কলা ৰং চাবোনেৰে চাফা কৰিবলৈ ধৰিলে।

আধা ঘণ্টামান পাছত ডেলিয়াও আহি পালে। তাইৰ বাঁও হাতত পটী বন্ধা আছিল।

জো'ই চিন্তান্বিত কণ্ঠত চিঞৰি সুধিলে- তোমাৰ হাতত কি হৈছে?

ডেলিয়াই ওঁঠত শেঁতা হাঁহি বিৰিঙাই উত্তৰ দিলে- একোৱে হোৱা নাই।

জো'ই আহত দৃষ্টিৰে যেতিয়া তাইৰ হাতৰ ফালে চালে তেতিয়া তাই কলে- মই নিজ হাতেৰে কণীৰ আমলেট বনাই নুখুওৱালৈকে আজি মোৰ শিষ্যই আহিবলৈ নিদিয়ে বুলি জেদ ধৰিলে। কোমলমতীয়া ছোৱালী! হতাশনো কৰো কেনেকৈ? সেয়ে মই তাইৰ জেদ পূৰণ কৰিবলৈ পাক ঘৰলৈ গ'লো। তেতিয়াই জুইৰ ফিৰিঙতি আহি মোৰ হাতত পৰিল। বেচেৰা জেনেৰেল চাহাবতো একেবাৰে অস্থিৰ! জীয়েকক নানা কথা শুনালে আৰু ততালিকে ওচৰৰ দেকানৰপৰা মলম আৰু পটী কিনি আনি মোৰ হাতত বেণ্ডেজ কৰি দিলে।

ডেলিয়াৰ পটী বন্ধা হাতখনত জো'ই আলফুলে হাত বুলাবলৈ ধৰিলে আৰু হঠাৎ সি সামান্য আশ্চৰ্যচকিতভাবে সুধিলে- এই পটীটো ৰপৰা কিনিছিল?

ডেলিয়াই জোৰ প্ৰশ্নৰ উত্তৰ নিদি মেজৰ ওপৰত থকা নোটৰ ফালে চাই উৎসাহেৰে সুধিলে- তোমাৰ দ্বিতীয়টো চিত্ৰও বিক্ৰী হৈ গৈছে নেকি?

এৰা, শেঠৰ প্ৰাইভেট ছেক্ৰেটাৰীয়ে কিনি নিছে। আন এটা চিত্ৰৰো অৰ্ডাৰো দি গৈছে। বাৰু, ডেলি, হাতখন কেতিয়া পুৰিছে? জোই গম্ভীৰতাপূর্বক সুধিলে।

এয়া ধৰা, চাৰে তিনিমান বজাত। কিয়, ইয়াত জোৰ কৰাৰ কাৰণে কিনো এনে কথা দেখিলা? ডেলিয়াই জোৰ কথা উৰুৱাই দিবলৈ ক'লে।

ডেলিয়াৰ কান্ধত হাত থৈ জো'ই ব্যগ্রভাবে সুধিলে- সঁচা কথা কোৱা, ডেলি? এমাহ ধৰি তুমি কি কৰি আছা?

ডেলিয়াই এক মিনিট সময় জোৰ ফালে বোবা দৃষ্টিত চাই থাকিল। তাৰপাছত তাইৰ ওঁঠ সামান্য কঁপি উঠিল আৰু তাইৰ চকুৰপৰা লোতক বাগৰি আহিল। শেষত তাই উচুপি উচুপি কলে- দিনৰ পাছত দিন টলৌ টলৌকৈ ঘূৰাৰ পাছতো মই টিউচন যোগাৰ কৰিবপৰা নাছিলো। ইফালে তুমি টকাৰ কাৰণে চিত্রকলা শিকা এৰি দিয়াটোও মই সহ্য কৰিবপৰা নাছিলো। অৱশেষত নিৰুপায় হৈ মই এটি লন-ড্রিত কাপোৰ ইস্ত্ৰিৰ কাম কৰিবলৈ ললো। জেনেৰেল পিঙ্কেনী আন কোনো নহয়, লন-ড্ৰিৰ ধোবাহে। সি আমাৰ বিভাগৰ কাম-কাজ চোৱা-চিতা কৰে আৰু তাৰ জীয়েক অৰ্থাৎ মোৰ শিষ্য হল মোৰ প্ৰিয় ইস্ত্ৰিটো। আজি ভুলবশতঃ সেই তপত ইস্ত্রি মোৰ হাতত লাগিছিল। তুমি বেয়া পাইছা নেকি, জো? মই এই কাম নকৰিলে তোমাৰ চিত্ৰকলা শিক্ষা কেনেকৈ চলিলহেঁতেন? তোমাক আৰু তোমাৰ কলাক মই ভাল পাওঁ, জো

তোমাৰ কলাও মই সিমানে ভাল পাওঁ, ডেলিয়া । আজি চাৰে তিনিমান বজাত যৰপৰা তোমাৰ পোৰা হাতত বেণ্ডেজ কৰিবলৈ পটী কিনি আনিছিল, মই সেইখন দোকানেতে চাকৰি কৰোঁ। তোমাৰ এই পটীৰ পইচাও ময়ে লৈছো। পটীৰ কোণত দোকানৰ নাম লেখা আছে।

তেনেহ'লে তুমি তোমাৰ চিত্ৰ বিক্ৰী কৰা নাই নেকি?

তোমাৰ জেনেৰেল আৰু মোৰ শেঠ একেই কলাৰ দুই শ্রেষ্ঠতম কৃতি।

ডেলিয়াই হাঁহি মাৰি সুধিলে- সেই কলানো কি?

- প্ৰেমৰ কলা।

(প্রকাশ-দৈনিক অগ্রদূত-১৮ মার্চ/২০১৩)

 

                  একে মাটিৰ দুই ৰং

(মূল-অ' হেনৰি)

একেটা অট্টালিকাৰ তলৰ মহলাত শ্ৰীমতী ফিঙ্ক আৰু ওপৰ মহলাত শ্ৰীমতী কেচেডীৰ কোঠালি। একেলগে থকাৰ ফলত উভয়ৰ মাজত বন্ধুত্ব হৈ গৈছিল। এদিনাখন শ্রীমতী ফিঙ্ক সখীয়েক কেচেডীৰ ওচৰলৈ আহিল। শ্রীমতী কেচেডী তেতিয়া প্ৰসাধনত ব্যস্ত হৈ আছিল। প্রসাধনৰ পাট সামৰি কেচেডীয়ে গৰ্বেৰে সুধিলে- মোক ধুনীয়া দেখাইছেনে আজি?

শ্ৰীমতী ফিঙ্কে কেচেডীৰ মুখমণ্ডলৰ ফালে দৃষ্টি বুলালে। কেচেডীৰ চকুৰ চাৰিওফালে এক ধৰণৰ পাতল শেঁতা চিহ্ন আৰু তলৰ ফালে ফটা ওঁঠৰপৰা লাহে লাহে তেজ নিগৰি থকা তাইৰ দৃষ্টিগোচৰ হল। কেচেডীৰ বগলীৰ দৰে দীঘল ডিঙিতো নখৰ আঁচোৰৰ চিহ্ন জিলিকি আছিল।

শ্ৰীমতী ফিঙ্কে ক'লে- নাই নাই, মোৰ পতিদেৱে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে!

শ্ৰীমতী কেচেডীয়ে ক'লে- নোৱাৰে মানে? প্রত্যেক পত্নীয়ে সপ্তাহত অন্ততঃ এদিন পতিৰ হাতত মাৰ খোৱা উচিত বুলি মই ভাবো। কিয়নো, এয়াইতো দাম্পত্য প্ৰেমৰ প্ৰমাণ। মোৰ পতি জেকে মোক কালিয়ে পিটিছে। ফলত ওৰেটো সপ্তাহ সি মোক তাৰ চকুৰ মণি কৰি ৰাখিব আৰু পাউডাৰ, ক্ৰীম তথা স্নো আনি দিয়াতো বাদেই মোক চিনেমা হললৈ লৈ যাব বুলিও মই আশা পালি আছো। চাবা, এই সপ্তাহত সি মোক মোৰ পছন্দৰ কাপোৰেৰেও লাদি পেলাব।

লাগিলে যিয়েই নহওঁক কিয়, শ্ৰীমতী ফিঙ্কে কলে- মোৰ পতিদেৱে কেতিয়াও মোৰ ওপৰত হাত নুতোলে, কাৰণ তেওঁ খুবেই ভাল মানুহ।

সঁচা কথা কবলৈ গলে, তুমি মোক ঈর্ষা কৰি আছা, শ্রীমতী কেচেডীয়ে ব্যংগ মিহলি সুৰত কলে- আচলতে তোমাৰ পতিদেৱ বৃদ্ধ মানুহৰ দৰে। বাতৰি কাকত আৰু সাহিত্য অধ্যয়নৰপৰা অৱসৰ পালেহে সি তোমাক মৰম কৰিবলৈ সুযোগ পাব! হেৰৌ’, সঁচা কথা কিয় লুকাই আছা?

তুমি অৱশ্যে সঁচা কথাকে কৈছা, কিন্তু এয়া কেতিয়াও সম্ভৱ নহয় যে সি মোক পিটিব।

কথাষাৰ শুনিয়ে শ্রীমতী কেচেডী খিল্‌খিলাই হাঁহি উঠিল। পাছত তাই শ্ৰীমতী ফিঙ্কক নিজৰ কামিজৰ কলাৰৰ তলত থকা ঘাডোখৰ দেখুৱালে। ঘাডোখৰ কেঁচা হৈয়ে আছিল। ঘা দেখি শ্ৰীমতী ফিঙ্কৰ চেহেৰা শেঁতা পৰি গ'ল আৰু তাইৰ মুখমণ্ডলত ঈৰ্ষাৰ ৰেখা ফুটি উঠিল। তাই ক'লে- বাৰু, কোৱাচোন, তুমি তেতিয়া দুখ নোপোৱা নেকি?

পাওঁ, শ্ৰীমতী কেচেডীয়ে প্ৰসন্নতা প্ৰকট কৰি ক'লে- কিন্তু যেতিয়া জেকে মোক দুহাতেৰে পিটে, তেতিয়া সি ইয়াৰ মূল্য কেনেকৈ পৰিশোধ কৰে জানা? তাৰ এহাতত থাকে বহুমূল্যবান ৰেছমী কাপোৰ আৰু আনটো হাতত থাকে মনোলোভা প্রসাধন সামগ্রী। কোৱাচোন, মূল্য কেনে পালা?

ঃ কিন্তু সি তোমাক পিটে কিয়? শ্রীমতী ফিঙ্কে কৌতুহলেৰে সুধিলে

: তুমি কেনেকুৱা পাগলী, হেৰৌ? এয়াও নাজানা নেকি? সি যেতিয়া বাৰৰপৰা মদ খাই আহে, তেতিয়াই এনেকুৱা আচৰণ কৰে।

ঃ কিন্তু, সি এনেকুৱা কৰাৰ কাৰণ নিশ্চয় আছে?

ঃ কাৰণ, মই তাৰ ৰক্ষিতা। সি যেতিয়া মদ্যপান কৰে, তেতিয়া হাত তোলাৰ কাৰণে বেলেগ তিৰোতা কত পাব? সেয়ে যেতিয়াই মোৰ

কোনো বস্তুৰ প্ৰয়োজন হয়, তেতিয়াই মই এনেকুৱা আচৰণ কৰো, যাতে সি মোৰ ওপৰত হাত তুলিবলৈ বাধ্য হয়। কালি নিশাই এনেকুৱা হৈছে। কাৰণ মোৰ ৰেচমী কাপোৰৰ প্ৰয়োজন আছিল। চাবাচোন, আজি সি মোৰ কাৰণে ৰেচমী কাপোৰ লৈ আহে নে নাহে ! বিচাৰিলে বাজি ধৰিব পাৰা। নহ'লে, আইচক্রীমৰ বাজিয়ে নধৰা কিয়?

শ্রীমতী ফিঙ্কে মনে মনে কিছুপৰ ভাবিলে৷ পাছত নিন্মসুৰত ক'লে-সি মোক নিপিটে। এই কাৰণেই হয়তো মই তাৰ লগত চিনেমা চাবলৈ যাব নোৱাৰো আৰু কেতিয়াও সি মোক তাৰ লগত ফুৰাবলৈও লৈ নাযায়। কোনো বস্তু বিচাৰিলেই লগে লগে আনি দিয়ে। সঁচাকৈয়ে ইয়াত কোনো আনন্দ নাই।

কথাষাৰ শুনাৰ পাছত শ্রীমতী কেচিডীয়ে ফিঙ্কক সাৱটি ধৰি ক'লে- তুমি খুবেই দুৰ্ভগীয়া। জেকৰ দৰে পতি আটায়ে কেনেকৈ পাব? সকলো স্ত্ৰীয়ে জেকৰ দৰে পতি পালে সিহঁতৰ বৈবাহিক জীৱন আনন্দময় নোহোৱাকৈ থাকিব নোৱাৰে। সকলো স্ত্ৰীয়ে কামনা কৰে যে, তাইৰ পতিয়ে তাইক পিটক আৰু ঈস্পিত বস্তু আনি দিয়ক- যেনে চুম্বন, চকলেট, টফি আদি।

তেতিয়াই দুৱাৰ খোল খালে আৰু হাতত এটা ধুনীয়া টোপলা লৈ মিষ্টাৰ কেচেডী কোঠালিৰ ভিতৰলৈ সোমাই আহিল। জেকক দেখাৰ লগে লগে শ্রীমতী কেচেডী উল্লসিত হৈ উঠিল আৰু দৌৰি গৈ জেকক সাৱটি ধৰিলে।

জেকে হাতৰ টোপলাটো মেজৰ ওপৰত নমাই থৈ শ্ৰীমতী কেচেডীক সাৱটি ধৰি ক'লে-এয়া লোৱা, চিনেমাৰ টিকট।.... অশ্ৰীমতী ফিঙ্ক দেখোন? নমস্কাৰ। ক্ষমা কৰিব। মই আপোনাক দেখা নাছিলো। মিষ্টাৰ মার্টিনৰ খা-খবৰ কেনে?

স্ফূর্তিতে আছে। শ্রীমতী ফিঙ্কে কলে- মার্টিনৰ দুপৰীয়াৰ আহাৰৰ সময় হৈছে, মই এতিয়া যাওঁ। ...শ্ৰীমতী ফিঙ্ক বহাৰপৰা উঠি দুৱাৰৰ ফালে আগবাঢ়িল। মিষ্টাৰ জেকো তাইৰ লগত দুৱাৰ মুখলৈ আহিল৷

শ্ৰীমতী ফিঙ্ক নিজৰ কোঠালি লৈ অহাৰ পাছত কোনো ধৰণৰ কাৰণ নোহোৱাকৈয়ে তাইৰ হৃদয় বিষাদেৰে ভৰি পৰিল। আচলতে তিৰোতাসকলে চকুপানী নিগৰোৱাৰ বাবে বিশেষ কোনো অজুহাত বিচৰাৰ প্ৰয়োজন নহয়। তাই ভাবিবলৈ ধৰিলে, মার্টিন জেকতকৈ কোনো গুণে কম নহয়। সি তাইক নিপিটে অৱশ্যে, কিন্তু তাইৰ সুখৰ কাৰণে সদায় ভাবে। সি কেতিয়াও কাজিয়া নকৰে। ঘৰলৈ অহাৰ পাছত আহাৰ গ্ৰহণ কৰি অধ্যয়নলৈ ব্যস্ত হৈ পৰে। সি যদিও ভাল মানুহ, কিন্তু সি নাজানে যে, নাৰীসকল কি কি বস্তুৰ কাৰণে লালায়িত!... এনেকুৱা বহু অর্থহীন চিন্তাই তাইৰ হৃদয় ভাৰাক্ৰান্ত কৰি তুলিলে।

মিষ্টাৰ মার্টিন ঠিক সাত বজাত ঘৰ আহি পালেহি। শ্রীমতী ফিঙ্কে আহাৰ যতনাই দিলে। সি আহাৰ গ্ৰহণ কৰিবলৈ ধৰিলে। শ্ৰীমতী ফিঙ্কে সুধিলে- ৰন্ধা ভাল হোৱা নাই নেকি?

নাই হোৱা। এইদৰে কৈয়ে সি অৰ্থপূৰ্ণ হাঁহি মাৰিলে আৰু আহাৰ গ্ৰহণ কৰি পঢ়া কোঠালি লৈ সোমাই গ'ল।

পাছদিনা দেওবাৰ। শ্ৰীমতী ফিঙ্ক ৰাতিপুৱাই শ্ৰীমতী কেচেডীৰ ওচৰলৈ আহিল। শ্রীমতী কেচেডীয়ে তেতিয়া ৰেছমী কাপোৰ পিন্ধি আছিল আৰু তাইক ষোল্ল বছৰীয়া ছোৱালীৰ দৰে দেখা গৈছিল। তাইৰ চকু আনন্দত উজলি আছিল আৰু ওঁঠত হাঁহি বিৰিঙি আছিল। মিষ্টাৰ জেক তাইৰ কাষতে বহি আছিল। সিহঁত দেওবাৰৰ কাৰণে প্রোগ্রাম বনাই আছিল। সিহঁতক দেখাৰ লগে লগে শ্ৰীমতী ফিঙ্কৰ হৃদয়ত ঈৰ্ষাৰ ভাব জাগি উঠিল। খন্তেক পাছতে তাই নিজৰ কোঠালি লৈ উভতি আহি উচুপি উচুপি মনে মনে কবলৈ ধৰিলে- সিহঁতহাল কিমান সুখী! কেনে আনন্দময় সিহঁতৰ দাম্পত্য প্রেম! সিহঁতক দেখিলে এনেকুৱা উপলব্ধি হয় যেন শ্রীমতী কেচেডী সুখৰ ভড়ালহে পাইছে৷ ইয়াৰ অৰ্থ কি ? এয়াই নহয়নে যে, বেলেগ পতিয়েও নিজৰ পত্নীক পিটিবলৈ অৱসৰ নেৰক আৰু আনন্দ সাগৰত সাঁতুৰি-নাদুৰি ফুৰক। ঠিক আছে, ময়ো সিহঁতক দেখুৱাই দিম যে, আমিও কম নহয়।

বাল্টিত ওৰেটো সপ্তাহৰ কাপোৰ ধোৱাৰ কাৰণে তিয়াই থোৱা আছিল। মার্টিনে নিজৰ পঢ়া কোঠালিত সাহিত্য অধ্যয়নত মগ্ন হৈ আছিল ৷ মার্টিনক দেখি শ্রীমতী ফিঙ্কে নিজকে কোৱাদি কবলৈ ধৰিলে- সি যদি আজি মোক নিপিটে, তেনেহ'লে এনেকুৱা আচহুৱা আচৰণ কৰিম, যাতে সি মোৰ ওপৰত পুৰুষালি দেখুৱাবলৈ বাধ্য হয়।

ইফালে মিষ্টাৰ মার্টিন পাকঘৰৰপৰা অহা ব্যঞ্জনৰ মিঠা মিঠা সুৱাসৰ জুতি লৈ নিজৰ পঢ়া কোঠালিত সাহিত্য জগতত বিচৰণ কৰি আছিল। নিজৰ পত্নীক পিটাৰ কল্পনা সপোনতো সি ভাবিবপৰা নাছিল।

আৰু তেতিয়াই ওপৰ মহলাৰ কোঠালিৰপৰা শ্ৰীমতী কেচেডীৰ হাঁহিৰ শব্দ ভাহি আহিল। শ্ৰীমতী ফিঙ্ক তেতিয়া কাপোৰ ধোৱাৰ বাবে যো-জা চলাই আছিল। তাইৰ অনুমান হ, শ্ৰীমতী কেচেডীয়ে যেন তাইক ব্যংগহে কৰি আছে। এই ভাবনা মনত উদয় হোৱাৰ লগে লগে তাই সজাগ হৈ উঠিল আৰু বাথৰোমৰ পৰা ওলাই মার্টিনৰ কাষলৈ আহি অভিযোগৰ সুৰত কবলৈ ধৰিলে- হেৰি, মই কিবা ধোবী নেকি, যে এই এজাপ কাপোৰ মই ধুব লাগিব? সিফালে ম‍ই কপোৰ ধুই পৰিশ্ৰান্ত হৈ ভাগৰি পৰিছো আৰু ইফালে, তুমি নিশ্চিন্ত মনেৰে চিগাৰেট হুপি আছা। এলেহুৱা কৰবাৰ ! তুমি মানুহ, নে চয়তান?

ঘৈণীয়েকৰ এই তীব্র বাক্য প্ৰহাৰত মার্টিন খুবেই হতচকিত হৈ পৰিল। কিন্তু সি কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে। হাতৰপৰা বাতৰি কাকত  নমাই থৈ সি বিস্মিতভাবে ঘৈণীয়েকৰ মুখলৈ চালে ।

মার্টিনক মনে মনে থকা দেখি শ্রীমতী ফিঙ্কে ভাবিবলৈ ধৰিলে, ইমান তীক্ষ্ণ ব্যংগকো মার্টিন মনে মনে হজম কৰিব নেকি? পিটিবলৈ এয়াই পর্যাপ্ত নহয় নে বাৰু?

এইদৰে মনে মনে ভাবি ফিঙ্ক বহু সময় পাৰ কৰিলে। কিন্তু মার্টিনে পিটাতো দূৰৰে কথা টানকৈ কথা এষাৰো নকলে। শেষত তাইৰ ধৈৰ্যৰ সীমা চেৰাই গ'ল আৰু তাই মার্টিনক ঘোচা এটা মাৰিলে।

মার্টিনৰ আশ্চৰ্যৰ সীমা নোহোৱা হ'ল আৰু সি ততাতৈয়াকৈ বহাৰপৰা উঠি থিয় হল। অনাহকতে, প্ৰদৰ্শন কৰা খং আৰু অপদস্ত কৰাৰ অপৰাধত পতিৰ হাতৰ মাৰ খোৱাৰ আশাত শ্ৰীমতী ফিঙ্কৰ চকু মুদ খাই গ'ল।

সেই সময়ত শ্ৰীমতী কেচেডী ওপৰ মহলাত প্ৰসাধনত ব্যস্ত হৈ আছিল। ঠিক তেতিয়াই তলৰ মহলাত কোনোবাই কাজিয়া কৰি থকাটো তাইৰ কৰ্ণগোচৰ হল। কাজিয়াৰ চৰম পৰ্যায় উপভোগ কৰাৰ কাৰণে কাণ পোণাই তাই প্ৰসাধনত ব্যস্ত হৈ থাকিল। এনেতে জেকে আশ্চর্যচকিভাবে কলে-মার্টিন আৰু তাৰ পত্নীৰ মাজততো ইয়াৰ আগতে কেতিয়াও কাজিয়া হোৱা নাই। বাৰু, মই তললৈ গৈ চাই আহোগৈ  শেষত কি হল সিহঁতহালৰ মাজত!

শ্ৰীমতী কেচেডীৰ চকুত এক ধৰণৰ জ্যোতি জিলিকি উঠিল। কলে- ৰবা, মই নিজে গৈ চাই আহোগৈ শেষত কথা কি?

তাই দৌৰি তলৰ মহলালৈ নামি আহিল। শ্ৰীমতী ফিঙ্কে তাইক দেখাৰ লগে লগে দুহাতেৰে সাৱটি ধৰিলে।

মার্টিনে তোমাক পিটিছে নেকি? শ্রীমতী কেচেডীয়ে প্ৰসন্নতা প্ৰকট কৰি সুধিলে।

শ্ৰীমতী ফিঙ্ক নিমাত ৷ তাইৰ কান্দিবলৈ মন গৈ আছিল। পাছমুহূৰ্তত তাই নিজক চম্ভালিব নোৱাৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে।

ফিঙ্কৰ মূৰত মৰমেৰে হাত বুলাই শ্ৰীমতী কেডেীয়ে সুধিলে- হেৰৌ’, একো নোকোৱা কিয়? মার্টিনে তোমাক পিটিছে নে নাই? তাই শ্ৰীমতী ফিঙ্কৰ শৰীৰৰ ফালে ভালদৰে লক্ষ্য কৰিলে, কিন্তু কতো কোনো ধৰণৰ আঘাতৰ চিহ্ন তাইৰ দৃষ্টিগোচৰ নহ'ল। অৱশ্যে শ্রীমতী ফিঙ্কৰ চকুৰপৰা তেতিয়াও লোতক নিগৰি আছিল আৰু তাইৰ চেহেৰাও শেঁতা পৰি আছিল।

শ্ৰীমতী ফিঙ্কে শ্ৰীমতী কেচেডীৰ বুকুত মূৰ থৈ ফেঁকুৰি ফেঁকুৰি কবলৈ ধৰিলে- নাই নাই, এতিয়া দুৱাৰ নুখুলিবা। মোৰে শপত। এই কথা কাৰো আগত নকবা। মার্টিনে মোক পিটা নাই, বিপৰীতপক্ষে মই বাথৰোমত তিয়াই থোৱা কাপোৰ সি নিজেই ধুই আছে।

( প্রকাশ- অগ্রদূত- ২৫ মার্চ/২০১৩)

 

                     বহুৰূপী

(মূল কচ- আন্তন পাভলভিচ চেখভ)

পুলিচ ইন্সপেক্টৰ অ'চুমেলভ বজাৰৰ মাজেৰে খোজ কাঢ়ি গৈ আছিল। তেওঁৰ গাত নতুন অভাৰকোট। তেওঁৰ পিছে পিছে চিপাহী এজন খোজ কাঢ়ি গৈ আছিল ৷ চিপাহীজনৰ চুলিৰ ৰঙ ৰঙা। তাৰ হাতত আছিল এটা বাস্কেট। বাস্কেটটো বাজেয়াপ্ত কৰা ৰঙা গুজবেৰী ফলেৰে ভৰ্তি হৈ আছিল। ৰাস্তা-ঘাট একেবাৰে জনশূন্য। কতো কোনো ধৰণৰ সাৰ-সুৰ নাই। সৰু সৰু দোকান আন আৰু চৰাইখানাৰ খোলা দুৱাৰবোৰ ভোকাতুৰ মুখগহ্বৰৰ দৰে মেল খাই আছিল। ওচৰে-পাঁজৰে এজন ভিক্ষাৰী পর্যন্ত নাছিল।

হঠাৎ এজন মানুহৰ কণঅঠস্বৰ শুনা গল- কামুৰিবলৈ আহিছা বদমাছ্‌,

তাক নেৰিবা। কামুৰি ফুৰিব, এই আইন আৰু এতিয়া নাই। ওচৰতে থকা চৰাইখানাৰ ভিতৰৰ পৰা আন এজনে চিঞৰি কলে। কুকুৰ এটা ভুকভুকনিৰ শব্দও শুনা গল দূৰত। অচুমেলভ সেইফালে দৃষ্টি প্ৰসাৰিত কৰিলে। সন্মুখত এজন কাঠখৰিৰ দোকান। দোকানখন পিচুগিন নামৰ এজন মানুহৰ ৷ দোকানখনৰপৰা কুকুৰ এটা বাহিৰ হৈ তিনি ঠেঙত ভৰ দি জঁপিয়াই জঁপিয়াই দৌৰি যোৱা অচুমেলভৰ চকুত পৰিল। কুকুৰটোৰ পিছে পিছে খেদি আহি আছিল এজন মানুহ। মানুহজনৰ গাত কৰ্কৰীয়া ইস্ত্ৰি কৰা চোলা কাপোৰ। আঁঠুৰ তললৈকে ওলমি পৰা হলৌ চোলা। কোটৰ বুতাম খোলা। মানুহজনৰ সমগ্ৰ শৰীৰ সন্মুখৰ ফালে হাওলি আছিল। হঠাৎ হামখুৰি খাই পৰি মানুহজনে কুকুৰটোৰ

পিছফালৰ এটা ঠেং ধৰি পেলালে। কুকুৰটো কেং কেংকৈ চিঞৰি উঠিল।

ধৰা, ধৰাবুলি চৰাইখানাৰ ভিতৰৰপৰা আকৌ কোনোবাই চিঞৰি কলে। আন্তু এখন দোকানৰ পৰাও মানুহবোৰে জুমি চাবলৈ ধৰিলে। চকুৰ পচাৰতে যেন দোকানৰ সন্মুখত ক্ৰমাৎ মানুহৰ ভিৰ বাঢ়ি গ'ল।

চিপাহীজনে ক'লে- বেআইনী হাল্লা (হৈ-চৈ) যেন লাগিছে, ছাৰ!

চুমেলভ থমকি ৰৈ গ'ল। তেওঁ কাণতো পৰিছিল হাল্লাৰ শব্দ। পিছফালে ঘূৰি তেওঁ দুপদুপ কৰি ভিৰৰ ফালে আগুৱাই গল। হলৌ কোট পিন্ধা এজন মানুহ খৰিৰ দেকানৰ দুৱাৰমুখতে থিয় দি থকা তেওঁৰ চুকত পৰিল। মানুহজনে হাত দাঙি তাৰ তেজেৰে লুতুৰি-পুতুৰি আঙুলিটো মানুহক দেখুৱাই আছিল। তাৰ চকু-মুখ বিৰক্তিত বিকৃত হৈ আছিল। তাৰ চকুৱে-মুখে যেন কৈ আছিল, চালা, চাই লম বাপ্পেকে! আঙুলিটো সি এনেকৈ দেখুৱাই আছিল যেন তেজেৰে লুতুৰি-পুতুৰি আঙুলিটো তাৰ দিগ্বিজয়ৰ চিহ্নহে।

 মানুহজনক অ'চুমেলভে জানে- চেকৰা খ্রিউকিন। ভিৰৰ ঠিক মাজতে বহি আছিল আচামী মানে বজৰুৱাজাতৰ এটি কুকুৰ পোৱালি। পোৱালিটোৰ পিঠিত হালধীয়া দাগ। তাৰ সৰ্বাংগ থৰথৰকৈ কঁপি আছিল। সন্মুখৰ দুটা ঠেং ফাঁক কৰি মেলি বহি আছিল সি। তাৰ সজল চকুযুৰিত ক্লেশ আৰু আতংকৰ ছাপ বিদ্যমান।

ভিৰ ঠেলি ভিতৰত প্ৰৱেশ কৰিয়ে অচুমেলভে সুধিলে- ঘটনা কি? কি কৰি আছা তোমালোক? আঙুলি প্ৰদৰ্শন কৰি আছা কিয়? কোনে চিঞৰিছিল ?

খ্রিউকিনে মুঠি কৰা হাতৰ ওপৰত সামান্য কাঁহি ক'লে- মই ছাৰ, মনে মনে খোজ কাঢ়ি গৈ আছিলো, কাৰো কোনো ক্ষতি নকৰাকৈ। সৌৱা পিচুগিন আহি আছে। খৰি দৰ্কাৰ আছিল। তেওঁৰ ওচৰলৈ খৰিৰ কাৰণে আহিছিলো। বিনা দোষতে ছাৰ, কুকুৰ পোৱালিটোৱে মোৰ আঙুলিত কামুৰি দিলে। এতিয়া ভাবক ছাৰ, আমি মেহনত কৰি খোৱা মানুহ। মোৰ কামো সাধাৰণ ধৰণৰ নহয়, ছাৰ। ইয়াৰ কাৰণে সিহঁতে এতিয়া মোক ক্ষতি পূৰণ দিয়ক। যি দেখিছো ছাৰ, এসপ্তাহমানতো আঙুলি লৰচৰেই কৰিব নোৱাৰিম। জীৱ-জন্তু সহ্য কৰিব লাগিব, আইনততো তেনেকুৱা কোনো কথা লেখা নাই, ছাৰ! সকলো জন্তুৱে যদি কামুৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে জীৱনটোৱে অসহ্য হৈ পৰিব, ছাৰ।

হুঃ, এৰা। গলখেখাৰি মাৰি ভ্ৰূ কুঞ্চিত কৰি অচুমেলভে কৰ্কশ সুৰত কলে- এৰা, বাৰু।... কাৰ কুকুৰ এইটো? ইয়াক মই সহজতে এৰি নিদিও। কুকুৰ নবন্ধাকৈ ৰখাৰ মজা আজি দেখুৱাইহে এৰিম বাপ্পেকে। যিসকল ভদ্রলোকে আইন মানি চলিব নিবিচাৰে, সিহঁতৰ ফালে গুৰুত্ব দিয়াৰ সময় আহি পৰিথে। তাৰ ওপৰত এনেকুৱা জমিনা বিহিম, যে সি শিক্ষা পাই যাব। আটায়ে এনেকৈ ভেড়া, কুকুৰ এৰি দিয়াৰ মানে কি? কিমান ধানত কিমান চাউল সেয়া গম পোৱাইহে এৰিম আজি বাপ্পেকে ! এইদৰে কৈয়ে অচুমেলভে চিপাহীজনৰ ফালে চাই কলে- ঐএলডিনি, খোজ-খবৰ লোচোন কাৰ কুকুৰ এইটো। ভাব-ভংগী দেখি যি অনুমান হৈছে, এইটো নিশ্চয় বলিয়া কুকুৰে হব! ইয়াক এতিয়াই মাৰি পেলোৱা উচিত। .... কাৰ কুকুৰ এইটো নোকোৱা কিয়? চুমেলভে ভিৰৰ ফাল উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে।

ভিৰৰ মাজৰপৰা এজনে কৈ উঠিল- বোধহয় এইটো জেনেৰেল জিগালভৰ কুকুৰ।

জেনেৰেল জিগালভ? হুঃ ! এলডিৰিৰ্ন, মোৰ কোটটো খুলি দিয়াচোন..... উঃ, আজি বৰ গৰম পৰিছে! বোধহয় বৰষুণ দিব। অ'চুমেলভে খ্ৰিউকিনৰ ফালে চাই ক'লে- কিন্তু এষাৰ কথা মই বুজিবপৰা নাই। তোক কামৰিলে কেনেকৈ? তথাপি একেবাৰে হাতৰ আঙুলিত কামুৰিলে ! এয়া কেনেকৈ সম্ভব? এনেকুৱা এটি কণমানি পোৱালি কুকুৰ আৰু তই হ'লিগৈ একেবাৰে পাহুৱাল ডেকা মানুহ! নিশ্চয় তই আঙুলিত গজাল-তজাল লগাই জখম কৰি এতিয়া ক্ষতিপূৰ্ণ দাবী আদায় কৰিব পৰা যায় নে নাই তাৰ ধান্দাত আছ? তহঁতক চিনিবলৈতো আৰু বাকী নাই! তহঁত আটায়ে চয়তানৰ চেলা।

এই মানুহজনে ছাৰ, ধেমালি কৰি পোৱালিটোক চিগাৰেটৰ জুইৰ সেক দিবলৈ গৈছিল। পোৱালিটোৱে তেতিয়াই কামুৰিছে, ছাৰ। খ্রিউকিনে সদায় বদমাছি কৰি ফুৰে। ভিৰৰ মাজৰপৰা কোনোবা এজনে ক'লে।

মিছা কথা কৈছা, কেঁৰা চকুৱা ক'ৰবাৰ। মোক সেক দিয়া দেখিছ নেকি? তেনেহ'লে মিছা কথা কৈছা কিয়, নেদেখাকৈ? ছাৰৰ বুদ্ধি বিবেচনা আছে। তেওঁ নিজেই বুজিব পাৰিব কোনে মিছা আৰু কোনে সঁচা কথা কৈছে। যিজনে মিছা কথা কৈছে, আদালতত তাৰ বিচাৰ হওঁক । আইন হৈ হৈছে। এতিয়া সকলো মানুহ সমান, বুজিছা। নাজানা যদি শুনা, মোৰো এজন ভাইটিয়ে পুলিচত চাকৰি কৰে।

তৰ্ক নকৰিবা, তৰ্ক নকৰিবা বুলি কৈছোইন্সপেক্টৰে সঁকীয়ালে।

নাই নাই, এইটো জেনেৰেলৰ কুকুৰ নহয়। চিপাহীজনে বিচক্ষণৰ দৰে ক'লে-এনেকুৱা কোনো কুকুৰ নাই জেনেৰেলৰ। তেওঁৰ আটাইকেইটা কুকুইে চিকাৰী কুকুৰ।

: সঁচাকৈয়ে জানা নেকি?

: সঁচাকৈয়ে জানো, ছাৰ ৷

ঃ অৱশ্যে কথাটো ঠিকেই কৈছা, ময়ো তাকেই ভাবিছিলো। জেনেৰেলৰ আটাইকেইটা কুকুৰেই দামী। উন্নত জাতৰ কুকুৰ। আৰু এইটো...চাবলৈকে মন নাযায়। কুৎসিত বজৰুৱাকুকুৰ। এনেকৱা কুকুৰ মানুহ েপোহে নেকি? তহঁতৰ মূৰৰ গণ্ডগোল হৈছে। মস্কো বা পিটাৰ্ছবাৰ্গৰ ৰাস্তাত এনেকুৱা কুকুৰ দেখা পালে কি হ'লহেঁতেন জাননে? আইনৰ ধাৰ নাধাৰিলহেঁতেন, একেবাৰে শৈষ কৰি দিলেহেঁতেন। খ্রিউকিন, তোমাক কামুৰিছে, মনত ৰাখিবা। সহজে এৰি নিদিবাশিক্ষা দিয়া দৰ্কাৰ। সময় আহি গৈছে---

চিপাহীজনে নিজেই নিজক কোৱাদি কবলৈ ধৰিলে- কোনে জানে? জেনেৰেলৰ হলে হবও পাৰে! ইয়াৰ গাততো আৰু লেখা নাই? সিদিনা জেনেৰেলৰ চোতালত ঠিক যেন এনেকুৱা এটি কুকুৰ পোৱালিয়ে দেখিছিলো।

আপুনি কোৱা কথা ঠিক। জেনেৰেলৰ কুকুৰেই হয়। ভিৰৰ মাজৰপৰা কোনোবা এজনে চিপাহীজনক সমর্থন জনাই ক'লে।

হাঁ, এলডিৰিন কোটটো জাপি দিয়া। কৰবাৰ পৰা যেন হঠাৎ চেঁচা বতাহ বলিছে। ঠাণ্ডা ঠাণ্ডা লাগিছে। জেনেৰেলৰ ঘৰলৈ লৈ গৈ সুধি আহলৈ। কবি মই ৰাস্তাত পাই পোৱালিটো পঠিয়াই দিছো। আৰু কবি, এনেকৈ পুনৰ যেন ৰাস্তাত এৰি নিদিয়ে। হয়তো দামী কুকুৰ। বদমাছবোৰৰ আটায়ে যদি এনেকৈ চিগাৰ্টেৰ জুইৰে সেক দিয়ে, তেনেহলে ইমান দামী কুকুৰটোৰ বাৰ বাজিবলৈ কিমান পৰ লাগিব? কুকুৰ ল মৰম আকলুৱা জীৱ—— আৰু তই বেটা বুৰ্বক, হাত নমা। বুৰ্বকৰ দৰে কাক আঙুলি দেখাইছ? দোষতো তোৰে।... এনেতে জেনেৰেলৰ বাবুর্চিক সেইফালে অহা দেখি কলে- সৌৱা জেনেৰেলৰ বাবুর্চি আহি গৈছে। তাক সোধা যাওঁক। হেৰা ভাই প্রোখৰ, আহাচোন আহা। ভলদৰে চোৱাচোন কুকুৰটো তোমালোকৰ নেকি?

ঃ মানে! কোনোদিন এনেকুৱা কুকুৰ আমাৰ নাছিল।

বাৰু, কথাটো এতিয়া পৰিষ্কাৰ হল তেনেহ'লে। অচুমেলভে কলে- গৰাকীবিহীন কুকুৰ! থিয় হৈ চাই থাকি আৰু আড্ডা মাৰিব নালাগে। ইয়াক শেষ কৰি লেঠা মাৰি পেলোৱা হওঁক।

এইটো অৱশ্যে আমালোকৰ নহয়, কিছুদিন হল জেনেৰেলৰ ভায়েক আহিছে। এইটো তেওঁৰেই কুকুৰ। বজৰুৱা জাতৰ কুকৰৰ প্ৰতি আমাৰ জেনেৰেলৰ কোনো চখ নাই, কিন্তু তেওঁৰ ভায়েক... তেওঁৰ পছন্দ হল পোৱালিটো....

কি কলা জেনেৰেলৰ ভায়েক? ভ্লাডিমিৰ ইভানিচ আহিছে নেকি? চুমেলভ চিঞৰি উঠিল। লগে লগে তাৰ মুখমণ্ডল এক সুবিমল হাঁহিত উদ্ভাসিত হৈ উঠিল। কি কাণ্ড! আৰু এই খবৰ মই নাজোনো! ইয়াত কিছুদিন থাকিব নেকি?

হয় থাকিব।--- প্রোখৰে ক'লে।

কি কাণ্ড ! ককায়েকৰ লগত দেখা কৰিবলৈ আহিছে আৰু মই খবৰেই পোৱা নাই। কুকুৰটো তেনেহ'লে তেওঁৰে? বৰ আনন্দৰ কথা ! হেৰা প্ৰোখৰ বাই, পোৱালি টো লৈ যোৱা। বৰ মৰমিয়াল কুকুৰ পোৱালি!

প্ৰোখৰ কুকুৰ পোৱালিটো লৈ গুচি গ'ল। খ্ৰিউকিনৰ অৱস্থা দেখি ভিৰ কৰি থকা মানুহবোৰ হাঁহি উঠিল। অ'চুমেলভে ধমকিৰ সুৰত ক'লে- ’, তোক পাছত মজা দেখুৱাম। এইদৰে কৈয়ে তেওঁ হলৌ কোটটো গাত জাপি ভিৰ ঠেলি ওলাই গ'ল ৷

(গণ অধিকাৰ- ১২ ফেব্ৰুৱাৰী/২০১২)

 

                         ভাড়াৰ গৰ্ভ

(মূল বার্মীজ- ফ্লেমিং)

মোৰ বিষয়ে কোৱাৰ আগতে মোৰ পত্নীৰ বিষয়ে কিছু কথা কোৱা প্ৰয়োজন হব। সেয়ে মই প্ৰথমে মোৰ পত্নীৰ বিষয়ে কিছু কথা ক খুজিছোঁ।

মাতৃত্ব ধৰ্ম ৰক্ষাৰ কাৰণে মোৰ পত্নী কেনেকুৱা, নাৰীজাতিৰ প্ৰকৃতিৰ কাৰণে কেনেকুৱা সেয়া সঠিককৈ কোৱা টান। তাই সদায় কৈ থাকে, মই এটি কেঁচুৱা বিচাৰো। তাক পিয়াহ খুৱাব বিচাৰোঁ। মই এটি সৰু কেঁচুৱা বিচাৰোঁ। কিন্তু কথা হ, বৰ্তমান তাইৰ যিটো সন্তান আছে,

সেইটোকে তাই ঠিক মতে চোৱা-চিতা কৰিব নোৱাৰে। সন্তানটোৰ খোৱা-লোৱাৰ ব্যৱস্থা, লেখা-পঢ়া শিকোৱা, এইবোৰৰ এটাও তাই সঠিকভাবে কৰিব নোৱাৰে। সন্তানটোক গালি পাৰা নাইবা ডাবি-ধমকি দিয়াৰো তাই অৱসৰ নাপায়। ইয়াৰ মাজতে সময় সুযোগ পালেই তাই পেঘেনিয়াই থাকে, তাইক আৰু এটি কেঁচুৱা লাগে!

ইফালে সন্তান বিচাৰিলে পোৱা টান; কিন্তু নিবিচাৰিলে কামটো অতি সহজ হৈ পৰে। সন্তান বিচাৰিলে পোৱাটো সঁচাকৈয়ে বৰ টান কাম।

মই যেতিয়া তাইক সোধো- তোমাক সন্তান লাগে বুজিলো; কিন্তু হব কেনেকৈ?

তেতিয়া তাই সন্তান জন্ম দিয়াৰ নামত বিচলিত হৈ উঠে৷ যিটো কথাত তাই অধিক বিচলিত হৈ উঠে, সেয়া হ, সন্তান গৰ্ভত ধাৰণ কৰা। তাই সন্তান গৰ্ভত ধাৰণ কৰাৰ ক্ষেত্ৰত বিচলিত হৈ উঠাৰ কাৰণো আছে। কাৰণটো হ, সন্তান গৰ্ভত ধাৰণ কৰিলেই তাই বমি কৰিবলৈ আৰম্ভ কৰে আৰু সন্তান প্ৰসৱ কৰাৰ আগমুহূৰ্তলৈকে বমি কৰি থাকে। কোনো বস্তু তাই খাব নোৱাৰে আৰু খালেও হজম কৰিব নোৱাৰে। পত্নীৰ সেই অৱস্থা লৈ লক্ষ্য কৰিলে তেতিয়া তাইক বেমাৰী যেন ধাৰণা হয়। সেয়ে তাই এইবোৰ যোজনালৈ ভয় কৰে। প্ৰথম সন্তানটো জন্ম দিয়াৰ সময়ত তাইৰ পেট কাটি সন্তান উলিয়াব লগা হৈছে। সেই কথা তাই আজিলৈকে পাহৰিবপৰা নাই৷ পুনৰ যদি আন এটি সন্তান জন্ম দিব লগা হয় তেনেহ'লে তাই সেই আগৰ কামবোৰে পুনৰ কৰিব লাগিব। তেজ দিব লাগিব, কমেও এসপ্তাহ হাস্পতালৰ বিছনাত পৰি থাকিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ, ভুলতে যদি এইডছ্ হৈ যায়....

গতিকে মই কিছুদিন আগতে এখন পত্রিকাত পঢ়া এষাৰ কথা তাইক কলো। পত্ৰিকাত লেখা আছিল, আজি-কালি হেনো ভাড়াৰ গৰ্ভ পোৱা যায়। ভাড়াৰ গৰ্ভত জন্ম দিয়া সন্তানৰ বিষয়ে দুই চাৰিটা কথাও তাইক কলো। মোৰ কথা শুনি তাই শোৱাৰপৰা জাঁপ মাৰি উঠি ক'লে- এটা শব্দও বাদ নিদিয়াকৈ পত্ৰিকাত লেখা কথাবোৰ মোক সবিস্তাৰে শুনাওঁক..…......

পত্নীৰ অৱদাৰ অনুসৰি মই পত্ৰিকাত লেখা কথাবোৰ সবিস্তাৰে পঢ়ি শুনালো- কোনো জটিল ৰোগত আক্ৰান্ত এজনী মহিলাৰ গৰ্ভাশয় বাহিৰলৈ ওলাই অহাৰ ফলত তাই সন্তান উৎপাদন কৰিবলৈ অক্ষম হৈ পৰিছিল। সেয়ে পতি-পত্নী উভয়ে আধুনিক পদ্ধতিৰে সন্তান উৎপাদন কৰিবলৈ সিদ্ধান্ত লৈ ডাক্তৰৰ ওচৰলৈ গৈছিল। ডাক্তৰে পতি-পত্নী উভয়ৰ ভ্রূণ সংগ্ৰহ কৰাৰ পাছত টেষ্ট টিউবত সংৰক্ষণ কৰি সন্তান উৎপাদনক্ষম এজনী তিৰোতাৰ গৰ্ভত সেই ভ্রূণ স্থাপন কৰিছিল। উক্ত ভ্রূণৰপৰা জন্ম হোৱ সন্তানটো প্ৰসৱৰ পাছতে ভ্রূণ দিয়া দম্পতীহালে লৈ গৈছে আৰু সন্তানটো জন্ম দিয়াৰ কাৰণে যিজনী তিৰোতাই গর্ভ ভাড়াত দিছিল তাইক নিৰ্দ্ধাৰিত ধন দি দিছে। এনেকুৱা ব্যৱস্থাই সম্প্ৰতি বাৰ্মাত নিঃসন্তান দম্পতীৰ কাৰণে সন্তান উৎপাদনৰ ক্ষেত্ৰত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। খবৰটো শুনাৰ পাছত সন্তান জন্ম দিয়াৰ বাট প্রশস্ত হোৱাৰ আনন্দত মোৰ পত্নীৰ মুখমণ্ডল প্রসন্নতাৰে ভৰি পৰিল।

পত্নীৰ প্ৰসন্নতা দেখি মই কলো- আৰে, বৰ বেছি উৎফুল্ল নহবাচোন। যিজনী তিৰোতাই গর্ভ ভাড়াত দিছিল তাইক কিমান টকা দিব লগা হৈছে জানা জানো? পূৰা দহ হাজাৰ ডলাৰ দিব লগা হৈছে গর্ভ ভাড়াত দিয়া তিৰোতজনীক। ডাক্তৰক কিমান দিব লাগিব এই বিষয়ে এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই।

মোৰ পত্নীৰ ওপৰত এই কথাৰ কোনো প্ৰভাৱ নপৰিল। তাই শান্তভাবে কলে- আৰে, এনেকুৱা কামৰ কাৰণে ইমানখিনি টকাতো দিব লাগিবই! ইয়াতনো কি নোহোৱা নোপজা কথাটো দেখিলা? ইয়াৰ কাৰণে আমি প্রতি সপ্তাহে লটাৰীৰ টিকট কিনিব লাগিব আৰু লটাৰীৰ টকা পাওঁ মানে সকলো ঠাইতে নিশ্চয় এই ব্যৱস্থা প্ৰচলন হৈ যাব। সৌভাগ্যক্রমে যদি দুয়োটা কামেই হৈ যায় তেনেহ'লে আমাৰ সমস্যা সহজে সমাধান হৈ যাব। এইদৰে কৈ তাই পুনৰ বিছনাত গা এৰি দিলে।

পত্রিকাখন একাষৰীয়াকৈ থৈ মই মোৰ পত্নীৰ ফালে চালো। ঘোঁৰা বিক্ৰী কৰি আৰামেৰে শুই হয়তো তেতিয়া তাই ভাড়াৰ গৰ্ভত সন্তান জন্ম দিয়াৰ সপোনত বিভোৰ হৈ আছিল। মই অৱশ্যে নাজানো, তাইৰসেই সপোন তেতিয়া কি পর্যায় পাইছিলগৈ। কিন্তু মই যি সপোন দেখিছিলো, সেয়া এতিয়াও মোৰ মনত আছে।

সপোনৰ কাহিনী কৰপৰা আৰম্ভ হৈছিল, অৱশ্যে মই নাজানো। কিন্তু মোৰ মনত আছে, এজন মানুহে মোক গাড়ীৰে থবলৈ আহিছিল। সি শেঠৰ লগুৱা, নে ড্ৰাইভাৰ সেয়া অৱশ্যে মই নাজানো। গাড়ীৰে আহি থাকোঁতে আকাশলংঘী অট্টালিকাৰ শাৰী মোৰ চকুত পৰিছিল। মাথোন ওখ ওখ অট্টালিকাই নহয়, ৰাস্তাবোৰো আছিল অভিনৱ। তিনিটাকৈ ৰাস্তা এটাৰ ওপৰত আনটো নিৰ্মাণ কৰা হৈছে। বিশাল বিশাল অট্টালিকাবোৰৰ চাৰিওফাল বাগিচাৰে আগুৰা। শেষমুহূৰ্তত আমাৰ গাড়ী চহৰৰপৰা ওলাই আহিল। প্ৰখৰ ৰ'দৰ মাজত আমি এডোখৰ মুকলি ঠাই পাৰ হলো। ইয়াৰ পাছত এটা বিশাল জাৱৰৰ দম চকুত পৰিল। জাৱৰৰ দমটো দেখিবলৈ পাহাৰৰ দৰে আছিল। জাৱৰৰ পাহাৰৰ সিপ্রান্তত এটি বস্তি দেখা পালো। বস্তিত চহৰ এখনৰ দৰে অসংখ্য মানুহৰ বসতি। কিন্তু তাত এটাও অট্টালিকা নাছিল। এনেকি কাঠৰ ঘৰো নাছিল। মাথোন মাটিৰে তৈয়াৰী ঘৰ আছিল। ঘৰবোৰ পুৰণি ভঙা-ছিঙা। যিকোনো মুহূর্তত ভাঙি পৰিব পাৰে এনেকুৱা জৰাজীৰ্ণ। তাত জুপুৰীৰ সংখ্যাই অধিক।

বস্তিটোৰ এক প্ৰান্তত গাড়ী ৰৈ গ'ল। ড্ৰাইভাৰে ক'লে- ডাঙৰীয়া, আপোনৰ বস্তি পাইছোঁহি। নামক।

ম‍ই গাড়ীৰপৰা নামিলো। ড্রাইভাৰে গাড়ী ঘূৰাই পুনৰ অহা বাটেৰে উভতি গ'ল। মই মোৰ সন্মুখত থকা বস্তিটো চকু বিস্ফাৰিত কৰি চাবলৈ ধৰিলো। ড্রাইভাৰে কোৱা ধৰণে সঁচাকৈয়ে এইটো আমাৰ বস্তি নেকি? সঁচাকৈয়ে যদি মই এইটো বস্তিৰ বাসিন্দা হওঁ, তেনেহ'লে মই জন্তু নেকি? এইখন কোন দেশ? কোনটো ৰাস্তা? সঁচাকৈয়ে এইটো মই বাস কৰা বস্তি নেকি?

বস্তিটোৰ অৱস্থা দেখি মোৰ হৃদয় দুখেৰে ভৰি পৰিল। মই কোনো সিদ্ধান্ত লব নোৱাৰা হ'লো। কোনো সিদ্ধান্ত লব নোৱাৰি অৱশেষত মই বস্তিৰ ভিতৰলৈ সোমাই যাবলৈ ধৰিলো।

লহে লাহে মোৰ ধাৰণা হবলৈ ধৰিলে যে, মই যেন বস্তিটো চিনিব পাৰিছো। হয়, ঠিকেইতো! সৌৱা সন্মুখৰ সৌটোৱেতো আমাৰ ঘৰ। ঘৰটো দেখিবলৈ ঠিক গাড়ীৰ গেৰেজৰ দৰে। হ'লেও মই সেইটো আমাৰ ঘৰ বুলি নিশ্চিত হলো।

মই ঘৰটোৰ ভিতৰলৈ সোমাই গ'লো। ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে মই এজনী তিৰোতা মানুহক বিছনাত শুই থকা দেখিলো। তিৰোতাজনীক  মই মোৰ পত্নী বুলি জানো। একেবাৰে ক'লা কুৎসিত৷ মোক দেখি তাই বিছনাত উঠি বহিল। তাই দেখিবলৈ একেবাৰে নিগ্রো তিৰোতাৰ দৰে। তাইৰ লগত কেনেকৈ বিয়া হৈছিল লাহে লাহে মোৰ মনত পৰিবলৈ ধৰিলে। কিন্তু ক, কেনেকৈ বিয়া হৈছিল, সেয়া ভালদৰে মনত পেলাব নোৱাৰিলো।

মোৰ পত্নী এখন চালপীৰাৰ ওপৰত বহি আছিল। তাইৰ মুখমণ্ডল সচৰাচৰ দেখাতকৈ অধিক উদাস দেখা গৈছিল।

কিন্তু তাইৰ সেই উদাসীনতাৰ বিষয়ে মই তাইক একো নুসুধিলো৷ কাৰণ কিবা সুধিলে উত্তৰ দিয়া নিদিয়াটো তাইৰ মৰ্জিৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ মেজাজ ভাল নহ'লে তেতিয়া আপুনি মোক কি কৰিব পাৰিব ! কিবা কৰাৰ সামর্থ্য আছে নে আপোনাৰ? তাই যদি উল্টা-পুল্টা কিবা কৈ দিয়ে, তেতিয়া পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হব পাৰে, এই ভয়তে মই মোৰ পত্নীৰ কাষলৈ নগৈ মোৰ ল'ৰাটোৰ কাষত বহিলো। তাৰ মেজাজো ঠিক নাই নেকি, বাৰু?

মোৰ পত্নীয়ে মোৰ ফালে কিছুসময় উদাস দৃষ্টিৰে চাই ৰল। তাৰ পাছত তাই বিছনাৰপৰা নামি লাহে লাহে মোৰ কাষলৈ আহিল। তাই ইতিমধ্যে কিছু শকত হৈ উঠিছে। তাইৰ পেট স্বাভাৱিকতকৈ কিছু বেছি ওলাই আহিছে। দৰাচলতে তাইৰ সাত মাহৰ গৰ্ভাৱস্থা চলিছে। অৱশ্যে

এই গৰ্ভ সচৰাচৰ ধাৰণ কৰা গৰ্ভ নহয়। সবাতোকৈ ডাঙৰ কথা হ, এই গৰ্ভ মোৰ ফালৰপৰা ধাৰণ কৰা গৰ্ভও নহয়। দৰাচলতে মোৰ ফালৰপৰা মোৰ পত্নীয়ে এটাহে মাথোন সন্তান জন্ম দিছে। এতিয়া তাইৰ যি গৰ্ভাৱস্থা চলিছে সেয়া বেলেগৰ ভ্রূণৰপৰা সন্তান জন্ম দিয়াৰ কাৰণে ভাড়াত দিয়া গৰ্ভহে । আমি নাজানো, কেনেকৈ আমি এই পৰিস্থিতৰি মাজত সোমাই পৰিছো। মোৰ পত্নীয়ে বেলেগৰ বীৰ্য গৰ্ভত ধাৰণ কৰি পোৱা টকাৰে মোৰ ফালৰপৰা জন্ম দিয়া সন্তানটো লালন-পালন কৰি আছে। বাৰ বছৰ ধৰি তাই এই কাৰ্যত নিয়োজিত হৈ আছে। এটাৰ পাছত এটাকৈ তাই বেলেগৰ সন্তান গৰ্ভত ধাৰণ কৰি আছে। প্রথমাৱস্থাত আমাৰ কাৰণে এই কার্য খুবেই লাভদায়ক আছিল। প্রথমাৱস্থাত সন্তানৰ গৰাকীয়ে নিজৰ ভ্ৰূণ সন্তানৰ ৰূপত বিকশিত হোৱাৰ কাৰণে পূৰা নমাহ কাল নকল মাতৃক পুষ্টিকৰ খাদ্য যোগান ধৰিছিল। খোৱা- লোৱাৰ প্ৰতি চকু ৰাখিছিলভাড়াৰ মাতৃক সন্তুষ্ট ৰখাৰ কাৰণে নানাবিধ উপহাৰো দিছিল। প্ৰয়োজনত তেজ যোগান ধৰাৰো ব্যৱস্থা কৰিছিল।

ইয়াৰ কাৰণো অৱশ্যে আছিল। কাৰণ তেতিয়া শাৰীৰিক জটিলতাৰ কাৰণে যিসকল তিৰোতাই সন্তান ধাৰণ কৰিবলৈ অসমৰ্থ আছিল, সিহঁতেহে মাথোন আনৰ গৰ্ভ ভাড়াত লৈ নিজৰ ভ্ৰূণৰপৰা সন্তান উৎপাদন কৰিছিল। গতিকে সিহঁতে গর্ভ ভাড়াত দিয়া তিৰোতাৰ যত্ন লৈছিল৷ কাৰণ সিহঁতৰ মাজত মাতৃ হৃদয় আছিল আৰু সন্তানৰ কাৰণে সিহঁতৰ হৃদয়ত মৰম-স্নেহ আছিল। সেয়ে ভাল মাতৃ হিচাপে সিহঁতৰ সুনাম আছিল। ইয়াৰ মাজত এনেকুৱা কিছুমান তিৰোতা আছিল, যিসকলে সন্তান কামনা কৰিছিল ঠিকেই; কিন্তু নিজৰ গৰ্ভত সন্তান উৎপাদন কৰিবলৈ প্ৰস্তুত নাছিলসন্তান উৎপাদন কৰিবলৈ গৈ যাতে কোনো ধৰণৰ কষ্ট কৰিব লগীয়া নহয় নাইবা সৌন্দৰ্য আৰু শাৰীৰিক গঠনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ কাৰণে সিহঁতে ভাড়াৰ গৰ্ভত সন্তান উৎপাদন কৰিবলৈ আগ্ৰহী আছিল৷ কিয়নো সিহঁতৰ ধন আছিল। সিহঁত ওখ ওখ অট্টালিকাৰ বাসিন্দা আছিল।

এটা সময়ত মোৰ পত্নীৰ দৰে গৰ্ভ ভাড়াত দিয়া তিৰোতাৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে আৰু চহৰৰ শেঠ আৰু ধনী ব্যৱসায়ীসকলে লাহে লাহে আমাৰ বস্তিৰ সকলো তিৰোতাৰ গৰ্ভ ভাড়াত লৈ ভাড়াৰ গৰ্ভৰ ব্যৱসায় আৰম্ভ কৰি দিলে। এই কথা লাহে লাহে চৌদিশে প্ৰচাৰ হৈ গ' আৰু মাজতে দালালি খোৱা মধ্যভোগী লোকো সৃষ্টি হল। সংক্ষেপে কবলৈ গলে, আমাৰ বস্তিত যিসকল তথাকথিত সমাজ সেৱক আছিল ভাড়াৰ গৰ্ভৰ ব্যৱসায় সিহঁতৰ হাতলৈ প্ৰসাৰিত হল। ফলত কেবা ধৰণৰ বিধি-নিষেধ অৰ্থাৎ আইন চালু হৈ গ'ল।

ভাড়াৰ গৰ্ভত সন্তান উৎপাদন কৰিবলৈ গৈ মোৰ পত্নীয়ে হঠাৎ দুবাৰ গৰ্ভপাত কৰোৱাব লগা হৈছে। লক্ষ্যণীয় কথা হ, দুবাৰে সমাজবিৰোধীসকলৰ অভিযোগৰ ফলতে এই কাম কৰিব লগা হৈছে। তাই খোলা হাস্পতালত ভৰ্তি হৈ আছিল আৰু ডাক্তৰৰ পৰামৰ্শ মতে

নচলাৰ কাৰণে তাইৰ গৰ্ভপাত কৰাব লগা হৈছে বুলি ডাক্তৰে প্ৰতিবেদন দিছিল। ফলত আমি বহু টকা জৰিমনা ভৰিব লগা হৈছে। সেই জৰিমনাৰ টকা পৰিশোধ কৰিবলৈ গৈ মোৰ পত্নীয়ে চাৰিবাৰ তাইৰ গৰ্ভ ভাড়াত দিব লগা হৈছে। সেই ঋণৰ বোজা এতিয়ালৈকে আমি বৈ ফুৰিব লগা হৈছে। এই বিপদৰপৰা কেতিয়া কেনেকৈ মুক্ত হব পাৰিম তাৰো একো ঠিক নাই।

মোৰ পত্নী আহি মোৰ ওচৰত বহিল। তাইৰ মুখমণ্ডলত এক ধৰণৰ আচহুৱা অভিব্যক্তি বিৰাজ কৰি আছিল। তাইৰ মুখমণ্ডলৰ অৱস্থা দেখি মই শংকিত হৈ উঠিলো৷ কাৰণ তেতিয়া তাইৰ মুখৰপৰা ওলোৱা শব্দবোৰ মোৰ কাৰণে খুবেই মর্মান্তিক হব বুলি মই আশংকা কৰিছিলো।

মই নিজকে চম্ভালি ললো আৰু এনেকুৱা ভাব-ভংগী দেখুৱাবলৈ ধৰিলো, যেন তাই মোৰ ওচৰলৈ আহি বহাৰ উদ্দেশ্য মই উপলব্ধি কৰিবপৰা নাই। মই বেলেগ ফালে মুখ ঘূৰাই বহিলো আৰু বেদনাহতভাবে মই মোৰ পুতেকৰ ফালে চালো। মোৰ পুতেকৰ এটা কিডনি নাই। যোৱাবাৰ সি তাৰ এটা কিডনি বিক্ৰী কৰিছে। কিডনিটো বিক্ৰী কৰাৰ পাছৰে পৰা তাৰ শৰীৰ ঠিক নাথাকে। মুখমণ্ডল আৰু হাতভৰি উখহি থাকে আৰু সদায় আমন-জিমনকৈ বহি থাকে।

অৱশ্যে মাক-বাপেকৰ প্ৰতি এই বিষয়ে তাৰ কোনো অভিযোগ নাই। কাৰণ সি নিজৰ ইচ্ছাতে কিডনি বিক্ৰী কৰিছে। কিডনি বিক্ৰী কৰি পোৱা টকাৰে তাৰ পঢ়াৰ খৰচ উলিয়াব বুলি সি আমাক জনাইছিল। লেখা-পঢ়া শিকিব পাৰিলে সি এই নীচ জীৱনৰপৰা মুক্ত হব পাৰিব বুলি আশা কৰিয়ে আমি বিশেষ আপত্তি কৰা নাছিলো। এটা কিডনি বিক্ৰী কৰিলে বিশেষ অসুবিধা নহ'ব বুলি আমি ধাৰণা কৰিছিলো। কাৰণ বহুতেই টকাৰ আশাত এনেকুৱা কৰে। এটা কিডনি লৈ জীয়াই থকা মানুহৰ উদাহৰণো বহু দেখা যায়। আমাৰ বস্তিত এটা সময়ত অক্ষত অংগ থকা বহু মানুহ আছিল; কিন্তু এতিয়া বহুতৰে দুই এটা অংগ নাই। চহৰৰ শেঠ আৰু ধনী ব্যৱসায়ীসকলৰ কাৰণে হয়তো আমাৰ দৰে অকর্মণ্য মানুহৰে প্ৰয়োজন। শৰীৰ আটাইবোৰ অংগ বিক্ৰী কৰি দিয়াৰ দৰে বহু মানুহো আছে আমাৰ বস্তিত। বেলেগৰ কথা কৈছো কিয়, আমাৰ নিজৰেতো একেই অৱস্থা।

মোৰ বাঁও চকুত প্লাষ্টিকৰ চকু লগোৱা। সোঁফালৰ চকুৰ এটা ভালভ্ কম। লৰাটোৰ এটা কিডনি নাই। কিমানবাৰ তেজ বিক্ৰী কৰিছো তাৰ একো হিচাপ নাই। এতিয়াতো হিচাপ কৰা একেবাৰে অসম্ভৱ। দেহৰ তেজ মঙহ বিক্ৰী কৰি খোৱা মানুববোৰৰ মাজত আমিও আছো।

পত্নীয়ে ক'লে- অকনমান শুনাচোন!

কোনো উপায় নাই যেতিয়া পত্নীৰ কথা শুনিবলৈ বাধ্য হলো। তাই কলে- আচলতে মই তোমাক একো ক'ব খোজা নাছিলো। তোমাৰ ওপৰত খঙো উঠে, আকৌ অনুকম্পাও হয়। কিন্তু লৰাজনৰ কাৰণেতো কিবা এটা কৰিবই লাগিব! দৰাচলতে কিডনি বিক্ৰী কৰাৰ সময়ত ডাক্তৰে ভালদৰে ল'ৰাটোৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিছিল । তাৰ দুয়োটা কিডনি ঠিক আছে, নে নাই চাব লাগিছিল। ডাক্তৰে যদি জানিছিলেই ৰাটোৰ আনটো কিডনি ভাল নহয় তেনেহ'লে কিডনি কাটিলে কেনেকৈ? এতিয়া আমি এই বিষয়ে একো কৰাৰ উপায় নাই। কাৰণ নিজৰ অংগ বিক্ৰী কৰাটো একপ্ৰকাৰ দণ্ডনীয় অপৰাধ। এতিয়া লৰাৰ চিকিৎসাৰ কাৰণে টকাৰ প্ৰয়োজন৷ ল'ৰাৰ কাৰণে কিডনি কিনাৰ দৰে পৰিস্থিতি উদ্ভৱ হৈছে। এতিয়া আমাৰ অংগ বিক্ৰী কৰিলেহে লৰাৰ জীৱন ৰক্ষা কৰা সম্ভৱ হব। এই সংকটৰপৰা পৰিত্ৰাণ পাবলৈ হ'লে ইয়াৰ বাহিৰে আমাৰ বেলেগ উপায় নাই

মই মোৰ পত্নীৰ মুখৰ ফালে লক্ষ্য কৰিলো। তাইৰ যি কব লগা আছিল নিঃসংকোচে কৈ পেলালে- আজি ৰাতিপুৱা হাস্পতালৰপৰা দালাল আহিছিল। পুৰুষ বলীয়া এজনী তিৰোতাই অস্ত্রোপচাৰ কৰি নিজেই পুৰষ হব বিচাৰিছে। হাস্পতালৰ কম্পিউটাৰৰ হিচাপ অনুসৰি তাইৰ তেজ-মঙহৰ গ্ৰুপৰ লগত কেবাজনো পুৰুষৰ তেজ-মঙহৰ গ্ৰুপ মিলিছে। সেই তালিকাত তোমাৰ নাম সকলোৰে ওপৰত আছে। সি কৈ গৈছে যে, এই কামৰপৰা ল'ৰটোৰ চিকিৎসাৰ খৰচ ওলোৱাৰ লগতে আমাৰ সকলো সমস্যা সমাধান হৈ যাব। আমাৰ সকলো দুখ-কষ্ট দূৰ ব। সি আৰু কৈছে যে, এই কাম আমি অতি সোনকালে কৰিব লাৰিব। কিয়নো পুৰুষ হব বিচৰা তিৰোতাৰ মন মুহূর্তে মুহূর্তে সলনি হৈ থাকে। তাইৰ মন সলনি হৈ গলে এই কাম কৰা সম্ভৱ নহ'ব। সেয়ে আমি যিমান সোনকালে সম্ভৱ সিদ্ধান্ত ল'ব লাগিব। অস্ত্রোপচাৰ কৰি তোমাৰ অংগ বাহিৰ কৰাৰ আগতে নিৰ্দ্ধাৰিত ধন দিব বুলিও কৈ গৈছে।

পত্নীৰ কথা শুনি মোৰ কপালত মৃদু মৃদু ঘামৰ ৰেখা জিলিকি উঠিল। কোনো ধৰণৰ সংকোচ নকৰাকৈ কথা কেইটা কোৱাত পত্নীক দেখি

মোৰ হৃদয়ত ভয় সঞ্চাৰ হল। এই পৃথিবীত সকলো বস্তুৰে মূল্য আছে। মোৰ পত্নীৰ এই জ্ঞান নথকাত তাইৰ প্ৰতি মোৰ খং উঠিল। মই বহাৰপৰা উঠি থিয় হ'লো। থিয় হোৱাৰ সময়ত মোৰ মূৰটো দুৱাৰৰ চৌকাঠত খুন্দা খালে।

নাই নাই, এয়া অসম্ভৱ। চালপীৰাৰ কাষৰ দেৱালত মোৰ মূৰটো পুনৰ খুন্দা কালে। ভয়ত মই দৌৰি পলাবলৈ ধৰিলো।

হে ভগবান! এয়া মই কি সপোন দেখিলো! সপোনৰ কথা মনত পৰাৰ লগে লগে মোৰ শৰীৰৰপৰা ঘামৰ সোঁত ববলৈ ধৰিলে। মোৰ কাষত মোৰ পত্নী তেতিয়া গভীৰ টোপনিত লালকাল। মই তাইৰ মুখৰ ফালে চালো। সপোনত মই যিজনী তিৰোতা মানুহ দেখিছিলো, এইজনী তিৰোতা তাইতকৈ বহুত বেলেগ। এওঁৰ দেহ উন্মুক্ত। উন্মুক্ত দেহত সৌন্দর্য যেন অধিক বিকশিত হৈ উঠিছে।

বিছনালৈ যোৱাৰ সময়ত লক্ষ্য কৰিলো, পত্নীৰ মুখমণ্ডল যেন হাঁহি আছে। সম্ভৱতঃ সপোনত তাই কেঁচুৱা পাই গৈছে। শোৱাৰ পাছতো মোৰ বুকু দ্ৰুত উঠা-নমা কৰিবলৈ ধৰিলে। সেয়ে বিছনাৰপৰা নামি আহি চাকি নুমাই শুই এক-দুই-তিনি-চাৰি গণিবলৈ ধৰিলো আৰু চকু বন্ধ কৰি টোপনি যাবলৈ চেষ্টা কৰিবলৈ ধৰিলো।

(অগ্রদূত, ৩ জুন/২০১৩)

 

                          শত্ৰু

(মূল ৰুচ-আন্তন পাভলভিচ চেখভ)

চেপ্টেম্বৰ মাহৰ কোনো এক অন্ধকাৰ নিশা, নবজাৰ কিছু পাছত, আঞ্চলিক ব্যৱস্থাপনা পৰিষদৰ ডাক্তাৰ কিৰিলভৰ একমাত্ৰ পুত্ৰ ডিপ্‌থিৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হল। ডাক্তাৰৰ স্ত্ৰী আশাভংগৰ প্ৰথম আঘাতত মৃত সন্তানৰ শয্যা কাষত নতজানু হৈ বহিছেহি মাথোন, এনেতে সদৰ দৰজাৰ ঘণ্টাটো সজোৰে বাজি উঠিল।

ডিপ্‌থিয়াৰ ভয়ত ঘৰৰ চাকৰ-বাক্ৰসকলক ৰাতিপুৱাতেই ঘৰৰপৰা বাহিৰলৈ পঠিয়াই দিয়া হৈছিল। কিৰিৰ্লভ যি অৱস্থাত আছিল, পিন্ধোনত একমাত্ৰ চোলা আৰু বুতাম খোলা এটি ওৱেস্টকোট, সেই অৱস্থাতেই এনেকি চকুপানীত সিক্ত মুখমণ্ডল আৰু কাৰ্বলিক এচিডৰ দাগ লগা হাতদুখন নুমোছাকৈয়ে, দৰজা খুলিবলৈ গ'ল। হলঘৰটো অন্ধকাৰ, আগন্তুকক দেখি এইখিনি মাথোন বুজা গ, যে সি মজলীয়া লম্বা, তাৰ ডিঙিত এটি বগা মাফলাৰ মেৰিওৱা আৰু তাৰ প্ৰকাণ্ড মুখখন ইমান বিবর্ণ যে ধাৰণা হল তাত যেন ঘৰৰ অন্ধকাৰো শেঁতা পৰি গৈছে.…..…....

ডাক্তাৰ বাবু ঘৰত আছে নেকি? ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে প্রশ্ন কৰিলে আগন্তুকে।

হয়, মই আছো- কিলিভ উত্তৰ দিলে-দৰ্কাৰ কি আপোনাৰ?

যিয়ে নহওঁক, আপোনাৰ লগত দেখা হোৱাত সকাহ পালো ! হজনে দীর্ঘশ্বাস কাঢ়ি কলে। অন্ধকাৰত খেপিয়াই হাতৰ সন্ধান কৰি সি সাগ্রহে ডাক্তাৰৰ হাত দুখন চেপি ধৰিলে। সচাকৈয়ে বাচিলো.... কিনো আৰু ক'ম! আপোনাৰ লগত আগতেও দেখা হৈছে। মোৰ নাম আবোগিন.....চেভৰ তাত আপোনৰ লগত আলাপ কৰা সুযোগ হৈছিল, মনত আছে আপোনাৰ? যোৱা বাৰিষাত? আপোনাৰ লগত দেখা হোৱাত সঁচাকৈয়ে খুব আনন্দিত হলো৷ এতিয়াই মোৰ লগত যাব লাগিব। অনুগ্রহ কৰক... মোৰ স্ত্ৰী ভীষণ অসুস্থ। বাহিৰত মোৰ গাড়ী ৰৈ আছে।

আগন্তুকৰ ভাব-ভংগী, কথা-বতৰাৰ পৰা বুজা গৈছিল যে, সি খুব এক ধৰণৰ মানসিক উদ্বেগৰ মাজত আছে। তাৰ নিশ্বাস পৰিছে, ঘন ঘন, কণ্ঠস্বৰ কঁপিছে, কথাও কৈছে খৰধৰ কৰি, ধাৰণা হৈছে যেন জুয়ে পোৰাৰ হাতৰপৰা অথবা পগলা কুকুৰৰ খেদা খাই কোনোমতে এইমাত্র প্রাণ লৈ দৌৰি আহিছে। কোনো ধৰণৰ ভূমিকা নকৰাকৈ শিশুৰ দৰে কথা কৈ গৈছেভঙা ভঙা অসম্পূর্ণ তাৰ শব্দবোৰ কথা-বতৰা আতংকগ্রস্থ মানুহৰ দৰে। মাজে মাজে এনেকুৱা কথাও কৈছে, আচল বক্তব্যৰ লগত যাৰ কোনো ধৰণৰ সম্পর্ক নাই।

আপোনাক ঘৰত নাপাম বুলিতো হতবুদ্ধিয়ে হৈ গৈছিলো, সি কৈ গ'ল। কি দুৰ্ভাৱনাত যে ইমানখিনি ৰাস্তা আহিছো..... কোটটো গাত জাপি লওঁক, দোহাই আপোনাৰ, মোৰ লগত বলক।' ঘটনাটো এনেকুৱা-পাপ্‌চিনস্কি আলেকক্সান্দ্র সেমিওনভিচ মোৰ লগত দেখা কৰিবলৈ আহিছিল। আপুনিতো তেওঁক চিনেই। আমি কিছুসময় আলোচনা কৰাৰ পাছত আমি দুয়ো চাহৰ টেবুললৈ গৈ চাহ খাবলৈ বহিছো, হঠাৎ মোৰ স্ত্ৰী বুকুত দুহাতেৰে খামুচি ধৰি চিঞৰি উঠিল আৰু লগে লগে শিথিলভাবে চকীত বহি পৰিল। আমি দুজনে ধৰা-ধৰি কৰি তাইক বিছনাত শোৱাই দিলো। তাইৰ ধমনী দুটাত এমোনিয়া ঘঁহি দিলো... পানী ছটিয়ালো, কিন্তু তাই মৰাৰ দৰে অসাৰ হৈ পৰি আছে। মোৰতো ভয়ে হৈছে, তাইৰ ধৰ্মনী-টমনী চিঙি যোৱা নাইতো? দয়া কৰি বলক.... তাইৰ দেউতাকৰো এইদৰে ধমনী চিঙি মৃত্যু হৈছে...

কিৰিলভ মনে মনে শুনি গ'ল। ভাবটো এনেকুৱা যেন তেওঁ ৰুচভাষা বুজিয়ে নাপায়।

আকৌ যেতিয়া আবোগিন পাপ্‌চিনস্কি আৰু তাৰ শহুৰেকৰ কথা তুলি আন্ধকাৰত কিলিভৰ হাতদুখন সন্ধান কৰিবলৈ ধৰিলে, ডাক্তাৰ পিছফালে মুৰটো হাওলাই নির্বিকাৰভাবে লাহে লাহে ক'লে- মই অত্যন্ত দুঃখিত, মই যাব নোৱাৰিম। পাঁচ মিনিট আগতে মোৰ পুতেকৰ মৃত্যু হৈছে।

নাই নাই, সেয়া কেনেকৈ হবলৈ পালে! এখোজ পিছুৱাই গৈ আবোগিন অস্ফুট কলে- হেভগবান, কি দুঃসময়ত মই আহি হাজিৰ হৈছো। উঃ ! আজিৰ দিনটো কি দুর্দিন... বাস্তৱতে, মনত ৰখাৰ দৰে। কি যোগাযোগ.... কোনোবাই এই কথা ভাবিব পাৰিছিল নেকি!

সি দৰ্জাৰ হেণ্ডেল ধৰিলে, তাৰ মূৰটো যেন হাওলি পৰিল দাৰুণ দুৰ্ভাবনাত। স্পষ্টতঃ সি ঠিক কৰিবপৰা নাই, গুচি যাব, নে যোৱাৰ কাৰণে ডাক্তৰক অনুৰোধ চলাই যাব!

শুনক ! কিলিভৰ চোলাৰ আস্তিন ধৰি আবেগ মিহলি কণ্ঠত কবলৈ ধৰিলে- আপোনাৰ অৱস্থা মই সম্পূর্ণভাবে উপলব্ধি কৰিব পাৰিছো। এই সময়ত আপোনাক বিৰক্ত কৰিব লগা হৈছে বুলি মই যে কিমান লজ্জিত সেয়া ভগবানেই জানে। কিন্তু মোৰ উপায় কি কওঁক ! আপুনি নিজেই ভাবি চাওঁক, মই এতিয়া কলৈ যাওঁ? আপোনাৰ বাহিৰে এই অঞ্চলত আৰু এজনো ডাক্তাৰ নাই। দোহাই আপোনাৰ, এবাৰৰ কাৰণে লক! নিজৰ কাৰণে মই আপোনাক যাবলৈ জোৰ কৰা নাই...... মোৰ নিজৰ কোনো ৰোগ হোৱা নাই!

উভয় পক্ষই কিছুসময় নীৰৱ। কিৰিলভ আবোগিনৰ ফালে পিঠি দি থিয় হৈ আছিল। দুই এক মিনিট সেইদৰে থাকি লাহে লাহে তেওঁ গুচি আহিল বৈঠকখানালৈ। অন্যমনস্কভাবে আৰু অনিশ্চিত যান্ত্রিক পদক্ষেপত যিদৰে তেওঁ কোঠালিৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু কোঠালিত সোমাই প্ৰদীপৰ ঢাকনিৰ কিনাৰাটো যিদৰে মনোযোগৰ সৈতে টানি চিধা কৰিলে, মেজৰ মোটা কিতাপখনত যিদৰে চকু ফুৰাবলৈ ধৰিলে, সেয়া দেখি স্পষ্টই বুজা গ, সেই সময়ত অন্ততঃ তেওঁৰ ইচ্ছা অনিচ্ছা কামনা বুলিবলৈ একোৱে নাই, তেওঁ তেতিয়া একোৱে ভাবিবপৰা নাই। হয়তো তেওঁ পাহৰিয়ে গৈছে, হলঘৰত এজন আগন্তুক তেওঁৰ কাৰণে অপেক্ষা কৰি আছে। কোঠালিৰ ভিতৰৰ অস্পষ্ট আলোক আৰু নিস্তব্ধতাই যেন তেওঁৰ বিমূঢ়তা আৰু অধিক বৃদ্ধি কৰিলে।

বৈঠকখানাৰ পৰা অধ্যয়নাগাৰলৈ যোৱাৰ সময়ত সোঁভৰিটো যিমানখিনি দাঙা দৰ্কাৰ তাতকৈও বেছি দাঙি তেওঁ দৰজাৰ ফালে খেপিয়াই যাবলৈ ধৰিলে। তেওঁৰ সৰ্বাংগত বিমূঢ় ভাব প্রস্ফুটিত। ধাৰণা হৈছে যেন অজানা কোনো ঘৰলৈ আহি পৰিছে অথবা জীৱনত এই প্রথম মদ্যপান কৰিছে আৰু তাৰ অনভ্যস্ত প্ৰতিক্ৰিয়াত হতবুদ্ধি হৈ পৰিছে। অধ্যয়নাগাৰৰ এটা দেৱালত আৰু কিতাপৰ আলমাৰিবোৰৰ ওপৰত বহল এটুকুৰা আলোক আহি পৰিছে। আলোক আৰু তাৰ লগত শোৱনি কোঠালিৰপৰা কাৰ্বলিক এচিড আৰু ঈথাৰৰ উগ্ৰ গোন্ধ ভাহি আহিছে, শোৱনি কোঠালিৰ দৰজাখন বহলকৈ খোলা.... মেজৰ কাষৰ এটি চকীত ডাক্তাৰ বহি পৰিল, আলোকৰ ৰেখা অনুসৰণ কৰি ঘুমন্ত দৃষ্টিত কিতাপবোৰৰ ফালে তেওঁ এবাৰ দৃষ্টি বুলালে, তাৰ পাছত আকৌ থিয় হৈ শয়নকক্ষলৈ গুচি আহিল ৷

ইয়াত, শয়নকক্ষৰ অভ্যন্তৰ মৃত্যুৰ দৰে স্তব্ধ। এই কোঠালিৰ সকলো, নগণ্যতম বস্তু পর্যন্ত দেখি বুজা গৈছে, কিছু সময় আগতে ইয়াত কি এক প্ৰকাৰৰ ধুমুহা বৈ গৈছে। সেই ধুমুহা এতিয়া ক্লান্ত এক অৱসাদত স্তিমিত। সকলো এতিয়া স্থিৰ নিশ্চল। এটি টুলৰ ওপৰত এজাঁপ বটলৰ মাজত এটা মমবাতি আৰু ডুয়াৰৰ ওপৰত থকা মস্ত এটা বাতিদানৰপৰা অহা বিচ্ছুৰিত পোহৰত সমগ্ৰ কোঠালিটো আলোকিত হৈছে। ঠিক খিড়িকিৰ তলত বিছনাৰ ওপৰত এটি সৰু ল'ৰা শুই আছে, তাৰ চকুদুটা বিস্ফাৰিত, মুখমণ্ডলত এস্ত বিস্ময়। ল'ৰাজন স্থিৰ নিস্পন্দ, কিন্তু তাৰ খোলা চকুযোৰ প্ৰতি মুহূর্তে যেন ক'লা পৰি আহিছে আৰু ক্ৰমে ক্ৰেেম কোটস্থ হৈ গৈছে। মাক নতজানু হৈ বিছনাৰ কাষত বহি আছে, শয্যাবস্ত্ৰৰে তাইৰ মুখখন ঢকা, হাত দুখনেৰে ল'ৰাটোক সাৱটি আছে। পুতেকৰ দৰে মাকো নিস্পন্দ, কিন্তু তাইৰ হাত দুখনত তাইৰ দেহৰ ৰেখাত এক ধৰণৰ অস্থিৰতা স্তব্ধ হৈ ৰৈ আছে! তাই যেন তাইৰ সমগ্ৰ সত্ত্বা দি লুব্ধ আগ্ৰহত বিছনাখন সাৱটি আছে। ধাৰণা হৈছে, তাইৰ অৱসন্ন দেহৰ এই যে শান্ত স্বচ্ছন্দ ভংগী সেয়া যেন বহু কষ্টত তাই আৱিস্কাৰ কৰিছে, যিটো তাই হেৰুৱাব নিবিচাৰে। কম্বল, চিঙা কাপোৰৰ টুকুৰা, পানীৰ গামলা, মজিয়াত বাগৰি পৰা পানী, ত তত চামুচ, ব্রাশ, বগা চূণৰ পানীৰে ভৰ্তি বটল, এনেকি কোঠালিৰ বদ্ধ আৰু গধুৰ বতাহ-সকলোবোৰ যেন গভীৰ ক্লান্তিত শ্ৰান্ত আৰু অৱসন্ন।

ডাক্তাৰ স্ত্ৰীৰ কাষত আহি থিয় হ'ল। ট্রাউজাৰৰ পকেটত হাত দুখন ভৰাই ডিঙি বেঁকা কৰি দৃষ্টি নিক্ষেপ কৰিলে সন্তানৰ ফালে। তেওঁৰ মুখৰ ভাব নির্বিকাৰ। দাঢ়িত যিবোৰ জলকণা তিৰ্বিৰ্ কৰিছে তাতেই মাথোন বুজা গৈছে, কিছু সময় আগতে তেওঁ কান্দিছে।

অপ্রীতিকৰ যি বীভৎসতা মৃত্যুৰ লগত জড়িত, শয়নকক্ষত তাৰ লেশমাত্র নাই। কোঠালিৰ ভিতৰৰ নিথৰতাত, মাকৰ ভংগীত, পিতৃৰ সৰ্বাংগত পৰিস্ফুট নির্বিকাৰত্বতকি যেন নিহিত হৈ আছিল যিবোৰ প্ৰায় মনোহৰ, যিবোৰে মনটোক আলোড়িত কৰে। মানৱীয় শোকৰ এই সূক্ষ্ম অতীন্দ্রিয় সৌন্দর্য স্বাভাৱিকতে সহজবোধ্য নহয়, বৰ্ণনাতীততো অৱশ্যেই। একমাত্র সংগীতৰ মাধ্যমত হয়তো তাৰ কিবা এটা উপলব্ধি কৰিবপৰা যায়। শোকার্ত এই নীৰৱতা সেয়ে সুন্দৰ। কিৰিলভ আৰু তেওঁৰ স্ত্ৰী দুজনেই নীৰৱ, কন্দাও নাই। ধাৰণা হৈছে, গুৰুভাৰ শোকৰ বাহিৰওে তেওঁলোকে তেওঁলোকৰ বৰ্তমান অৱস্থাৰ কাব্যময়তাত বিহ্বল। যথা সময়ত যিদৰে তেওঁলোকৰ যৌৱন গুচি গৈছে, একমাত্র পুতেকৰ মৃত্যুৰ লগে লগে সেইদৰে তেওঁলোকৰ সন্তান লাভৰ সম্ভাৱনাও চিৰতৰে বিলুপ্ত হল। ডাক্তাৰৰ বয়স চুৱাল্লিছ, ইয়াৰ মাজতে তেওঁৰ মূৰৰ চুলি পকিবলৈ আৰম্ভ কৰিছে আৰু চেহেৰাত বাৰ্ধক্যৰ ছাপ পৰিছে। তেওঁৰ বিবৰ্ণ ৰুগ্না স্ত্ৰীৰো পঁয়ত্ৰিছ চলিছে। আন্দ্ৰেই তেওঁলোকৰ মাথোন একমাত্র সন্তানে নাছিল, সি তেওঁলোকৰ শেষ সন্তানো আছিল।

ডাক্তাৰৰ প্ৰকৃতি তেওঁৰ স্ত্ৰীৰ বিপৰীত। মানসিক কষ্টৰ সময়ত কর্মব্যস্ততাৰ মাজত যিসকলে বুৰ গৈ থাকিবলৈ বিচাৰে ডাক্তাৰ সিহঁতৰ দলৰ। স্ত্ৰীৰ কাষত কেবা মিনিট থিয় দি থাকি তেওঁ শয়নকক্ষৰপৰা ওলাই আহিল। চৌকাঠ পাৰ হোৱাৰ সময়ত তেওঁ সোঁভৰিটো পুনৰ অকাৰণতে কিছু অধিক দাঙিলে। এইবাৰ তেওঁ সৰু এটি কোঠালিত। কোঠালিটোৰ আধা অংশ আগুৰি আছে এটি ছোফাছেট। তাৰ পৰা গ' পাকঘৰলৈ। জুশাল আৰু ৰান্ধনিৰ বিছনাৰ কাষত কিছু সময় ঘুৰা-ঘূৰি কৰি মূৰ নত কৰি এটি সৰু দৰজা পাৰ হৈ আকৌ তেওঁ উভতি আহিল হলঘৰলৈ।

হলঘৰত তেওঁ পুনৰ বগা মাফলাৰ আৰু বিবৰ্ণ মুখখনৰ সন্মুখীন হল।

শেষ পর্যন্ত আপুনি তেনেহলে আহিল? আবোগিনে হুমুনিয়াহ কাঢ়ি কলে। লগে লগে হাত বঢ়াই দৰজাৰ হেণ্ডেলটো ধৰি ক'লে-আপুনি অনুগ্ৰহ কৰি বলক তেনেহ'লে।

ডাক্তাৰ চমকি উঠিল। ভালদৰে তাক চোৱাৰ পাছত ডাক্তাৰৰ সকলো কথা মনত পৰিল......

কিন্তু মই তো কৈয়ে দিছো মোৰ পক্ষে যোৱা অসম্ভৱ’, ডাক্তাৰ হঠাৎ যেন সম্বিত ঘূৰাই পালে, ‘কি অশ্চর্য!

ম‍ই পাষাণ নহওঁ ডাক্তাৰ বাবু, আপোনৰ অৱস্থা মই খুব ভালদৰে উপলব্ধি কৰিব পাৰিছো। আপোনাৰ কাৰণে সঁচাকৈয়ে মই দুঃখিত। মাফলাৰৰ ওপৰত হাতদুখন স্থাপন কৰি অনুনয়ৰ সুৰত আবোগিনে কলে- কিন্তু মোৰ কাৰণে আপোনাক মাতা নাই। মোৰ স্ত্ৰীৰ জীৱন সংকটাপন্ন। আপুনি যদি তাইৰ সেই আর্তনাদ শুনিলেহেঁতেন, যদি তাইৰ মুখখন দেখিলেহেঁনে, উপলব্ধি কৰিব পাৰিলেহেঁতেন কিয় মই ইমানকৈ অনুনয় কৰিছো। হেভগবান, মই ভাবিলো আপুনি কপোৰ সলাবলৈ গৈছে। ডাক্তাৰ বাবু, সময়ৰ বৰ মূল্য। দোহাই আপোনাৰ, লক।

মই যাব নোৱাৰিম। বৈঠকখানাৰ ফালে যাওঁতে ডাক্তাৰ প্ৰতিটো শব্দ স্পষ্টভাবে উচ্চাৰণ কৰিলে।

আবোগিন পিছে পিছে গৈ তেওঁৰ চোলাৰ আস্তিন ধৰি পেলালে। মই বুজিব পাৰিছো, আপুনি খুব বিপদত পৰিছে, কিন্তু মই আপোনাক দাঁতৰ বেদনা ভাল কৰিবলৈ নাইবা ৰোগ নিৰ্ণয় কৰাৰ কাৰণে মাতা নাই, মৃত্যুৰ কবলৰপৰা এজনী তিৰোতাক বচোৱাৰ কাৰণে মাতিছো। কাতৰ কণ্ঠত সি কৈ গল- এজন মানুহৰ জীৱন ব্যক্তিগত দুখ-শোকৰ ওপৰত। মনৰ বল আৰু বীৰত্বৰ পৰিচয় দিয়ক। মানৱতাৰ আবেদনত সঁহাৰি দিয়ক।

মানৱতা!--- মানৱতাতো শংখৰ কৰাত, কিৰিলভ ৰাগান্বিত হৈ উঠিল। সেই মানৱতাৰ দোহাই দিয়েই মই আপোনাক কৈছো, মোক লৈ যোৱাৰ কাৰণে জৱদস্তি নকৰিব। আশ্চর্য, এতিয়া মই থিয় দি থাকিবলৈয়ে কষ্ট হৈছে, অথচ মানৱতাৰ নামত এতিয়া মোক শাসন কৰিবলৈ চেষ্টা কৰিছে। ঠিক এই মুহূর্তে মোৰদ্বাৰা একো কৰা সম্ভৱ নহয়... নাই কোনোপধ্যেই মই নাযাও। তদুপৰি মোৰ স্ত্ৰীৰ কাষত থকাৰ দৰে কোনো নাই। নাই নাই, মই নাযাওঁ....

হাতেৰে আগন্তুকক বাধা দি কিৰিলভ এখোজ পিছুৱাই গ'ল। তাৰ পাছত কৈ গ'ল- দোহাই আপোনাৰ, মোক যাবলৈ নক, হঠাৎ আতংকিত হৈ তেওঁ কবলৈ ধৰিলে- মোক ক্ষমা কৰিব.... আইনৰ ত্ৰয়োদশ খণ্ডত ডাক্তাৰী পেছাৰ কৰ্তব্য অনুসৰি মই যাবলৈ বাধ্য, আপুনি মোৰ কোটৰ কলাৰত জোৰ কৰি ধৰি টানি টানি লৈ যাব পাৰে। বেচ, তাকেই যদি বিচাৰিছে, কৰক..... কিন্তু .... মোৰদ্বাৰা একোৱে কৰা সম্ভৱ নহব.…..….. মোৰ এতিয়া কথা কোৱাৰে অৱস্থা নাই... মোক ক্ষমা কৰক....

আকৌ এবাৰ ডাক্তাৰৰ কোটৰ কলাৰ ধৰি আবোগিনে ক'লে- ডাক্তাৰ বাবু, এনেকৈ কিয় কৈছে? ত্রয়োদশ খণ্ড সম্বন্ধে মই মুঠেও মূৰ ঘমোৱা নাই। আপোনাৰ ইচ্ছা নাথাকিলে জোৰ কৰি আপোনাক লৈ যোৱাৰ কোনো অধিকাৰ মোৰ নাই। আপুনি যাব খুজেতো বলক। যাব নুখুজিলে, কি আৰু কৰিবপৰা যাব! মোৰ আবেদন আপোনাৰ ইচ্ছা অনিচ্ছাৰ ওচৰত নহয়, আপোনাৰ হৃদয়ৰ ওচৰত। এজনী তৰুণীৰ জীৱন সংকটাপন্ন। আপুনি কলে আপোনাৰ পুতেকৰ এইমাত্র মৃত্যু হৈছে, তেনেহ'লেতো আপুনিয়ে মোৰ কষ্ট সকলোতকৈ বেছি বুজা উচিত।

আবেগ আৰু উত্তেজনাত আবোগিনৰ কণ্ঠস্বৰ কঁপিবলৈ ধৰিলে। কথাতকৈ তাৰ আবেগকম্পিত কণ্ঠস্বৰৰ উঠা-নমা অধিক মর্মস্পর্শী হৈ উঠিল। সি যিয়ে নহওঁক, আবোগিনৰ মাজত কপটতা নাছিল, তথাপিও কিন্তু ধাৰণা হৈছিল, তাৰ কথাবোৰ কৃত্ৰিম আৰু নিষ্প্রাণ। ডাক্তাৰৰ ঘৰৰ পৰিৱেশত এজনী মুমূর্ষু মহিলা সম্পর্কে তাৰ গালভৰ্তি কথাবোৰ বিসদৃশ লাগিছিল। সি নিজেও যে সেয়া বুজিবপৰা নাছিল, সেয়াও নহয়। সেই কাৰণে, শেষমুহূর্তত যাতে তাক ভুল বুজা নহয়, তাৰ কণ্ঠস্বৰ যথাসম্ভৱ কৰুণ আৰু কোমল কৰাৰ চেষ্টা কৰিছিল, যাতে কথাত নোৱাৰিলেও অন্তত কথা কোৱাৰ আন্তৰিক ভংগী দি নিজৰ কাম সমাধা কৰিব পাৰে। কথা, সেয়া যিমানেই সুন্দৰ আৰু হৃদয়গ্রাহী নহওঁক কিয়, মাথোন নির্বিকাৰ উদাসীনৰ মনত আলোড়ন তুলিব পাৰে। প্ৰকৃতাৰ্থত যিজন সুখী অথবা শোকার্ত, বিশুদ্ধ কথাত প্ৰায়ে সি তৃপ্তি নাপায়। সেই কাৰণেই নীৰৱতা অধিকাংশ ক্ষেত্ৰত সুখ অথবা দুখৰ চৰ্ম প্ৰকাশ। প্রেমিক প্রেমিকাই পৰস্পৰক তেতিয়াই ভালদৰে হৃদয়ঙ্গম কৰিব পাৰে, যেতিয়া সিহঁত নিৰ্বাক থাকে। সমাধিক্ষেত্ৰৰ আবেগপূর্ণ আন্তৰিক ভাষণ যিসকলৰ হৃদয় স্পৰ্শ কৰে সিহঁত অনাত্মীয়। মৃতকৰ বিধৱা স্ত্ৰীৰ ওচৰত নাইবা তাইৰ সন্তান-সন্ততিৰ ওচৰত সেয়া নিষ্প্রাণ আৰু অবান্তৰ।

কিৰিলভ নীৰৱে থিয় দি আছিল। আবোগিন যেতিয়া মহৎ ডাক্তাৰী পেছা সম্পৰ্কে আৰু ডাক্তাৰসকলৰ পৰোপকাৰিতা, মানৱিকতা, ইত্যাদি সম্পর্কে কবলৈ ধৰিলে তেতিয়া ডাক্তাৰ বিমৰ্ষভাবে সুধিলে- কিমান দূৰ যাব লাগিব?

মাথোন তেৰ চৈধ্য ভেস্ত। মোৰ ঘোঁড়াবোৰ বৰ তদ্বজীয়া। আপোনাক কথা দিছো, ডাক্তাৰ বাবু, এঘণ্টাৰ ভিতৰতেই আপুনি গৈ উভতি আহিব পাৰিব। মাথোন এঘণ্টা!

মানৱতা আৰু ডাক্তাৰী পেছা সম্পৰ্কে বৰ বৰ কথাতকৈ এই শেষৰ কথাটোত ডাক্তাৰ অধিক গুৰুত্বাৰোপ কৰিলে। মুহূৰ্তৰ কাৰণে চিন্তা কৰি ডাক্তাৰ হুমুনিয়াহ কাঢ়ি কলে- বাৰু, লক।

ডাক্তাৰ দ্ৰুত পদক্ষেপত তেওঁৰ অধ্যয়নাগাৰত প্ৰৱেশ কৰিলে। এতিয়া তেওঁ নিজক চম্ভালি লৈছে। ডাক্তাৰৰ দীৰ্ঘ ন্যুব্জ দেহ, সৰু দাঢ়ি, থিয় আৰু বেঁকা নাকটো অন্ধকাৰৰ মাজত স্পষ্ট হৈ উঠিছে। আবোগিনৰ বিবৰ্ণ মুখখনৰ বাহিৰেও এতিয়া দেখা গৈছে তাৰ প্ৰকাণ্ড মূৰ আৰু মূৰত পিন্ধা ছাত্ৰসকলৰ সৰু টুপীটো। মূৰটোৰ সামান্য অংশহে ঢাকিছে। মাফলাৰৰ বগা অংশখিনি মাথোন দেখা গৈছে, পিছফালৰ বাকী অংশ দীঘল চুলিৰে ঢকা।

আপোনাৰ এই সহৃদয়তাৰ সন্মান কেনেকৈ জনাব লাগে সেয়া মই জানো, চাই ল, ডাক্তাৰক গাড়ীত বহুৱাই দিওঁতে আবোগিনে অনুচ্চ সুৰত কলে। এতিয়াই আমি গৈ পামহি। লুকা, শুনিছানে বাপু, গাড়ীখন জোৰে চলাবি—— যিমান জোৰে সম্ভৱ, বুজিলি।

গাড়োৱান জোৰেই গাড়ী চলালে। প্রথমে সিহঁতে পাৰ হৈ গ'ল হাস্পতাল প্রাঙ্গণৰ শাৰী শাৰী কেইটামান কুৎসিত ঘৰ। সেইবোৰ প্ৰায় অন্ধকাৰ। মাথোন প্রাঙ্গণৰ পিছফালৰ এটা খিড়িকিৰপৰা এটুকুৰা আলোক বিচ্ছুৰিত হৈ আহি সন্মুখৰ বাগিছাখনত পৰিছে আৰু হাস্পতালৰ এখন ঘৰৰ ওপৰ মহলাৰ তিনিটা খিড়িকিৰ পৰা আলোক দেখা গৈছে। ইয়াৰ ফলত খিড়িকিৰ কাঁচবোৰ পৰিৱেশতকৈ অধিক বিবর্ণ দেখা গৈছে। ইয়াৰ পাছতেই গাড়ীখন গাঢ় অন্ধকাৰৰ মাজত বুৰ গ'ল। মাথোন ভিজা মাটি আৰু বেংছাতিৰ চ'ডা গোন্ধ, তাৰ মাজতে পাতৰ মৰ্মৰ শব্দ ভাহি আহিছে। চকাৰ শব্দত গছৰ ডালত বহি থকা কাউৰীবোৰ চমকি উঠি কৰুণভাবে চিঞৰি উঠিল, চিঞৰ শুনি ধাৰণা হ, সিহঁতে যেন জানে ডাক্তাৰৰ ল'ৰাৰ মৃত্যু হৈছে আৰু আবোগিনৰ স্ত্ৰী অসুস্থ। সোনকালেই দেখা গ'ল জংঘলৰ পৰিৱৰ্তে সেৰেঙা গছ, তাৰ পাছত আকৌ বন জংঘল। নিমেষৰ কাৰণে দেখা গ'ল এটি ঘন কলা পুখুৰী, তাৰ কলা পানীত গছৰ প্ৰকাণ্ড ছাঁবোৰ নিথৰ নিশ্চল হৈ আছে। ইয়াৰ পাছতেই দুকাষে মুকলি পথাৰ। দূৰাগত কাউৰীৰ মাত অস্পষ্টৰপৰা ক্ৰমে ক্ৰমে হেৰাই গ'ল।

কিৰিলভ আৰু আবোগিন সমগ্র বাটত প্রায় কথা নকলেই। এবাৰ আবোগিনে হুমুনিয়াহ কাঢ়ি ক'লে- মর্মান্তিক অৱস্থা! যেতিয়া নিজৰ মানুহক হেৰুৱাৰ ভয় থাকে, তেতিয়া তাক যিমান ভাল পাওঁ, সাধাৰণ অৱস্থাত কিন্তু সিমান নাপাওঁ।

সৰু নদীখন পাৰ হোৱাৰ কাৰণে গাড়ীৰ গতি মন্থৰ হৈ গ', কিৰিলভ হঠাৎ চমকি উঠি আসনত লৰিচৰি বহিল। ধাৰণা হ, পানীৰ ছলাৎ ছলাৎ শব্দত তেওঁ ভয় খাইছে।

চাওঁক, মোক এৰি দিয়ক। কিলিভে বিষণ্নভাবে ক'লে- পাছত মই আপোনাৰ ওচৰলৈ আহিম। মই মাথোন মোৰ সহকৰ্মীক মোৰ স্ত্ৰীৰ ওচৰত পঠিয়াই দিব বিচাৰো। বুজিছেতো, মোৰ স্ত্ৰী একেবাৰে অকলে আছে।

আবোগিনে কোনো মন্তব্য নকৰিলে। গাড়ীৰ চকাত শিলৰ খুন্দা লগাত গাড়ীখন জোকাৰ খালে। তীৰৰ বালি পাৰ হৈ গাড়ীখন পুনৰ আগবাঢ়িল৷ নিজৰ দুৰৱস্থাৰ কথা চিন্তা কৰি কিৰিলভ বহি ছট্‌ফট্ কৰাৰ লগতে চাৰিওফালে লক্ষ্য কৰিবলৈ ধৰিলে। তৰাৰ অনুজ্জ্বল আলোকত পিছফালে দেখা গৈছিল, পথ আৰু ক্ৰমশঃ হেৰাই যোৱা নদীৰ পাৰৰ বন-জংঘলবোৰ। সোঁফালে এটা প্ৰান্তৰ, আকাশৰ দৰে অবাধ তাৰ বিস্তাৰ। দূৰত আলোক বিন্দু বিক্ষিপ্তভাবে জ্বলিছে আৰু নুমাইছে, খুব সম্ভৱ জলাশয়ৰ প্ৰহেলিকাৰ আলোক। বাঁওফালে ৰাস্তাৰ সমান্তৰালভাবে অনুচ্চ পাহাৰ। ঠাইডোখৰ আওকাঠি বন জংঘলেৰে ভৰা। তাৰ ওপৰত সামান্য কুঁৱলীৰ ঘোমটাৰ অন্তৰালত প্ৰকাণ্ড বেঁকা ৰঙা জোন নিশ্চল হৈ আছে। তাক আগুৰি আছে টুকুৰা-টুকুৰ মেঘ। সিহঁতে যেন জোনটোক চাৰিওফালৰপৰা নজৰবন্দী কৰি ৰাখিছে, যাতে পলাই যাব নোৱাৰে তাৰ বাবে যেন পহৰা দিছে।

সমগ্ৰ প্ৰকৃতি অচিন ৰোগ আৰু হতাশাত আচ্ছন্ন। ভ্ৰষ্টা নাৰী অন্ধকাৰ গৃহত যেতিয়া অকলে থাকে, তেতিয়া যিদৰে তাই আপ্রাণ চেষ্টা কৰে অতীতৰ কথা মনত নেপেলাবলৈ, তেনেকৈ যেন শীতৰ অনিবাৰ্য আক্ৰমণৰ আশংকাত উদাসীন পৃথিবী গ্ৰীষ্ম আৰু বসন্তৰ স্মৃতিৰপৰা পৰিত্ৰাণ বিচাৰিছে, কিন্তু পোৱা নাই। যিফালেই নোচোৱা কিয়, সমগ্ৰ প্ৰকৃতি যেন অতল এটি গহ্বৰ, 'ত নাই আলোক, নাই সামান্য তাপ, তাৰ অভ্যন্তৰৰপৰা কিৰিলভ আবোগিন তো দূৰৰে কথা সৌ ৰঙা জোনটো পর্যন্ত উঠি আহিব নোৱাৰিব.…...

গাড়ীখন যিমানেই গন্তব্যৰ ওচৰ গৈ পাইছে, আবোগিন সিমানেই যেন অধৈর্য হৈ উঠিছে। কেতিয়াবা সি ইফালে সিফালে লৰিচৰি বহিছে। কেতিয়াবা জঁপিয়াই উঠিছে। কেতিয়াবা গাড়োৱানৰ কান্ধৰ ওপৰেৰে সন্মুখৰ ফালে জুমি চাইছে। অৱশেষত গাড়ীখন আহি এটি গেটৰ সন্মুখ উপস্থিত হল। ৰংবিৰঙৰ কেনভাচৰ পৰ্দাৰে ঘেৰা বাৰাণ্ডাখন সুন্দৰভাবে সজোৱা। দুমহলীয়াৰ খিড়িকিৰে আলোক দেখা গৈছে। সেইফালে দৃষ্টি প্ৰসাৰিত হওঁতেই আবোগিনৰ নিশ্বাস ঘন ঘন আৰু জোৰে জোৰে পৰিবলৈ ধৰিলে।

উত্তেজনাত হাত দুখন মদন কৰি কৰি ডাক্তাৰক লৈ হলঘৰত সুমোৱাৰ সময়ত সি কলে- কিবা যদি হৈ যায়, তাৰ ঠেলা কিন্তু মই চম্ভালিব নোৱাৰিম। কিন্তু তেনেকুৱা কেনো সাৰ-সুৰতো পোৱা নাই, তেনেহ'লে এতিয়ালৈকে সকলো ঠিকেই আছে, এইদৰে কৈ সি নিস্তব্ধতাৰ মাজত কাণ পোণালে।

হলঘৰত ভৰি অথবা কণ্ঠৰ কোনো শব্দই নাই। ধাৰণা হৈছে, আলোক জল্‌মল্‌ কৰা সত্ত্বেও সমগ্ৰ ঘৰখন যেন টোপনিত লালকাল । ইমান সময় ডাক্তাৰ আৰু আবোগিন আছিল অন্ধকাৰত, এই প্রথম সিহঁতে পৰষ্পৰক ভাল দৰে দেখিবলৈ পালে৷ ডাক্তাৰ দীৰ্ঘকায়, সামান্য ন্যুব্জ, পোচাক-পৰিচ্ছদ অবিন্যস্ত। দেখিবলৈ তেওঁ মুঠেই ভাল নহয়। নিগ্রোসকলৰ দৰে মোটা মোটা ওঁঠ গডুৰৰ দৰে নাক আৰু নির্বিকাৰ পৰিশ্ৰান্ত চাৱনি.…... সামগ্রিকভাবে কিবা যেন এক ৰুক্ষ নির্মম অপ্রীতিকৰ ভাব ফুটি উঠিছে। তেওঁৰ মূৰৰ চুলিৰ অযতন, বহি যোৱা ধমনী, অকালপক বিৰল লম্বা দাঢ়ি, দাঢ়িৰ ফাঁকত খুঁতৰি, মাটিৰ দৰে বিবৰ্ণ ত্বক, অসাৱধান অপটুৰ দৰে ব্যৱহাৰ সামগ্রিকভাবে তেওঁৰ ঔদাসীন্য, দৈন্যদশা, জীৱন আৰু জনসাধাৰণ সম্পর্কে ক্লান্তি সুপৰিস্ফুট। তেওঁৰ শুকান ৰুক্ষ চেহেৰাৰ ফালে দৃষ্টিপাত কৰিলে কোনোমতেই ধাৰণা নহয়, এই মানুহজনৰ স্ত্ৰী আছে, সন্তানৰ কাৰণে এই মানুহজনে কান্দিব পাৰে।

আবোগিন কিন্তু তেওঁতকৈ সম্পূৰ্ণ বেলেগ প্ৰকৃতিৰ। শকত-আৱত, হৃষ্ট-পুষ্ট, সুপুৰুষ সি। চুলিবোৰ সোণালী, মূৰটো ডাঙৰ, বেচ ডাঙৰ আকাৰৰ, কিন্তু কোমল ধৰণৰ। সাম্প্ৰতিক ফেশ্বনৰ পোচাকত সি সুসজ্জিত। তাৰ ভাব-ভংগীত, তাৰ ফিটফাট ফ্ৰককোটত, কেশৰৰ দৰে এমুৰ চুলিত এক ধৰণৰ আভিজাত্য, এক ধৰণৰ পৌৰৰ্ষত্ব ফুটি উঠিছে। মূৰ ওখ কৰি বুকু ফিন্দাই সি খোজ কাঢ়ে, কথা কয় মিঠা গম্ভীৰ কণ্ঠত। ডিঙিৰ মাফলাৰখন যিদৰে গুচাই দিয়ে, নাইবা মূৰৰ চুলি যিদৰে ঠিক কৰে, তাত প্ৰায় তিৰোতা মানু দৰে মাৰ্জিত ৰুচিৰ পৰিচয় পোৱা যায়। মুখৰ শেঁতা ভাব আৰু সি ওভাৰকোট খুলি খুলি ছিৰিৰ ফালে যোৱাৰ সময়ত শিশুৰ দৰে ভীতিবিহ্বল চাৱনি প্রত্যক্ষ কৰি তাৰ সম্পৰ্কে কৰা সাধাৰণ ধাৰণা মুঠেই অতিৰঞ্জিত নহয় যেন লাগিল। তাৰ সমগ্ৰ অৱয়ৱত সযতনে পালিত যি স্বাস্থ্য আৰু আত্মপ্রত্যয় পৰিস্ফুট, ইয়াৰ ফলত সেই ধাৰণা মুঠেই ক্ষুণ্ণ নহ'ল।

কি ব্যাপাৰ, কাকোতো দেখা নাই? কোনো শব্দও শুনা নাই। ছিৰি বগাই বগাই কলে কিলিভে- কোনো ধৰণৰ গণ্ডগোলৰ শব্দওতো শুনা নাই? আশা কৰোঁ....

হলঘৰ পাৰ হৈ ডাক্তাৰক লৈ এটি বৃহৎ কোঠালিৰ ভিতৰত প্ৰৱেশ কৰিলে। কোঠালিটোত ক'লা ৰঙৰ বিৰাট এটা পিয়ানো। ওপৰৰ চিলিঙৰপৰা ওলমি আছে বগা কাপোৰেৰে পৃথকভাবে আবৃত এটি ঝাৰবাতি। হলঘৰৰ পৰা সিহঁত গল সৰু বৈঠকখানালৈ। কোঠালিটো বেছ আৰামপ্ৰদ আৰু মনোৰম। মৃদু গোলাপী আলোকেৰে আলোকিত।

ডাক্তাৰ বাবু, ইয়াত অকনমান বহক, আবোগিনে ক'লে- মই এতিয়াই ... গৈ অকনমান চাই আহোগৈ, আপুনি আহিছে, এই খবৰটোও দি আহোগৈ।

কিলিভ অকলেই বহি থাকিল। বৈঠকখানাৰ বিলাসবহুল ব্যৱস্থা, আলোকৰ সুখপ্রদ অস্পষ্টতা, অজানা অচিনা এখন ঘৰত উপস্থিতি, যি স্বাভাৱিকতেই এক ৰোমাঞ্চকৰ ঘটনা.…... কিন্তু ধাৰণা হৈছে, একোৱে যেন তেওঁৰ মনত ৰেখাপাত কৰিবপৰা নাই। এটি আৰামী চকীত বহি তেওঁ তেওঁৰ কাৰ্বলিক এচিডেৰে পোৰা আঙুলিবোৰ নিৰীক্ষণ কৰিবলৈ ধৰিলে। ৰঙা ৰঙৰ আলোকেৰে আলোকিত কোঠালি অথবা বেহেলাৰ ঢাকনি, একোৱে তেওঁৰ চকুত নপৰিল। অৱশ্যে টিক্‌টিক্ শব্দ অনুসৰণ কৰি ঘড়ীটোৰ ফালে চায়ে তেওঁ দেখিবলৈ পালে এটি জীর্ণবস্ত্ৰৰ টুকুৰাৰে সজা মূর্তি- আবোগিনৰ দৰে বৃহদাকাৰ আৰু পৰিপুষ্ট।

চৌদিশ নিস্তব্ধ। দূৰৰ বেলেগ কোনোবা এটা কোঠালিৰপৰা কোনোবাই যেন চিঞৰি উঠিল- অ্যা, লগে লগে এটি কাঁচৰ পাল্লাৰ, স্পষ্টতঃ কোনো পোছাক-আলমাৰিৰ জুনজুন্‌ শব্দ হল। তাৰপাছত আকৌ আগৰ দৰে নিস্তব্ধ নিজম। পাঁচ মিনিট পাছত হাতৰপৰা মুখ তুলি আরোগিন যিখন দুৱাৰেৰে ওলাই গৈছে সেইফালে দৃষ্টিপাত কৰিলে।

দুৱাৰ মুখত আবোগিন থিয় দি আছে, অৱশ্যে যিজন আবোগিন খন্তেক আগতে কোঠালিপৰা ওলাই গৈছিল, এইজন সেইজন আবোগিন নহয়। তাৰ মাৰ্জিত পৰিতৃপ্ত দৃষ্টি অন্তৰ্হিত হৈছে। তাৰ হাত মুখ, থিয় হোৱাৰ ভংগী সকলোতেই এনেকুৱা এক অপ্রীতিকৰ ভাব মিহলি, যাক ঠিক আতংকও কব পৰা নাযায়, দৈহিক যন্ত্ৰণাৰ অভিব্যক্তি বুলিও কব পৰা নাযায়। তাৰ নাকটো, ওঁঠযোৰ, গোঁফকোছা, তাৰ সৰ্বাংগ মাথোন কুঞ্চিত হৈ গৈ আছে। ধাৰণা হৈছে, সেইবোৰ যেন তাৰ মুখমণ্ডলৰপৰা ছিটকি ওলাই যাব খুজিছে। তাৰ চকুযুৰিত বেদনাৰ আভাস......

গধুৰ গধুৰ দীঘল খোজত সি বৈঠকখানাৰ অভ্যন্তৰত আহি থিয় হ, তাৰ পাছত পূঁজা হৈ গোঁ গোঁৱাই দুহাতৰ মুঠি দুটা লৰাবলৈ ধৰিলে।

মোক প্ৰতাৰণা কৰিছে৷ প্ৰতাৰণাশব্দটোৰ মাজৰ অংশত অধিক জোৰ দি সি চিঞৰি উঠিল। মোক প্ৰতাৰণা কৰিছে, মোক এৰি পলাইছে। তাইৰ অসুখত মোক ডাক্তাৰ মাতিবলৈ পঠাই --- সেইবোৰ একো নহয়, সেইবোৰ পাপ্‌চিনস্কি বান্দৰটোৰ লগত পলাই যোৱাৰ ফন্দি। হে ভগবান!

আবোগিন দুপ্‌দুপ্ কৰি ডাক্তাৰৰ কাষলৈ আগুৱাই আহি তাৰ মুখৰ সন্মুখত, স্থূল স্থূল হাতৰ মুঠি দুটা লৰাই লৰাই চিঞৰিবলৈ ধৰিলে- মোক এৰি গ'ল! মোক প্ৰতাৰণা কৰিলে। কি প্রয়োজন আছিল ইমান মিছা অভিনয়ৰ? উঃ, ভগবান! ভগবান! কিয় এই জঘন্য জুৱাচুৰি, এই নিমখহাৰৰ্মী, এই চয়তানী? তাৰ কি অনিষ্ট কৰিছো মই? মোক এৰি থৈ গ'ল!

তাৰ দুগালেদি লোতক বাগৰি পৰিবলৈ ধৰিলে। গেৰোহাত ভৰ দি সি ঘূৰি থিয় হ, কোঠালিৰ ভিতৰত পদচালনা কৰিবলৈ ধৰিলে। সৰু ফ্ৰককোট, সৰু ঠেংৱালাফেশ্বন দুৰস্ত লংপেণ্ট, যাৰ ফলত তাৰ ভৰি দুখন অধিক শীৰ্ণ দেখায়, বিৰাট মূৰ আৰু কেশৰৰ দৰে এমুৰ চুলি এইবোৰে যেন তাক আৰু অধিক সিংহৰ দৰে দেখাইছে। ডাক্তাৰৰ নিৰ্বিকাৰ মুখমণ্ডলত কৌতুহলী দৃষ্টিৰ এক জলক খেলি গ'ল। থিয় হৈ আবোগিনৰ ফালে চালে তেওঁ।

কিন্তু ৰোগী ক? তেওঁ প্ৰশ্ন কৰিলে।

ৰোগী! ৰোগী! সমানে ঘোচা চলাই চলাই আবোগিন কেতিয়াবা হাঁহিবলৈ আকৌ কেতিয়াবা কান্দিবলৈ ধৰিলে। তাই ৰোগী নহয়, এজনী হতচিৰী! উঃ, কি নীচ! কি কদৰ্য! ধাৰণা হয়, চয়তানে নিজেও ইয়াতকৈ জঘন্য আৱিষ্কাৰ কৰিব নোৱাৰিলেহেঁতেন! যাতে পলাব পাৰে তাৰ বাবে মোক আঁতৰাই পঠালে, আৰু পলালে কাৰ লগত?— সেই ফক্কৰ বান্দৰটোৰ, অসহ্য সেই ফটংগিৰীৰ লগত? উঃ ভগবান ! ইয়াতকৈ তাই নমৰিল কিয়? কেতিয়াও মই এই আঘাত চম্ভালিব নোৱাৰিম, কেতিয়াও নহয়?

ডাক্তাৰ পোন হৈ থিয় হল। তেওঁৰ চকুযোৰ লোতকেৰে ভৰা। ঘন ঘন্‌কৈ চকুৰ পচাৰ পৰিছে। মুখ লৰোৱাৰ লগে লগে তাৰ সৰু দাঢ়ি দুলিবলৈ ধৰিলে।

ক্ষমা কৰিব, এইবোৰৰ অৰ্থ কি? সপ্রশ্ন দৃষ্টিৰে চাৰিওফালে চকু ফুৰাই কিৰিলভে সুধিলে। মোৰ ল'ৰাৰ মৃত্যু হৈছে, মোৰ স্ত্ৰী শোকত অজ্ঞান, ঘৰত তাই অকলে আছে...মই নিজেও আৰু থিয় দি থাকিব পৰা নাই, বিগত তিনিটা নিশা আমাৰ চকুত টোপনি নাই.…...অথচ ইয়াত কি দেখিছো? কুৎসিত এজন প্ৰহসনৰ নেতা হিচাপে মোক ব্যৱহাৰ কৰা হৈছে। মই যেন স্টেজৰ এটা আচবাব। মই ...মই একোৱে বুজিব পৰা নাই।

আবোগিনে এটা মুঠি খুলি লাডুৰ দৰে পকোৱা এটুকুৰা কাগজ মজিয়াৰ ওপৰত দলিয়াই দিলে, তাৰ পাছত এনেকৈ ভৰিৰে মোহাৰিবলৈ ধৰিলে যেন সেয়া কীট-পতংগ, আৰু সেইটোৱে তাক অনিষ্ট কৰিব খুজিছে।

আশ্চর্য, মই একোৱে লক্ষ্য কৰা নাই, একোৱে বুজা নাই, দাঁত-মুখ কচি মুখৰ সন্মুখত মুঠিটো সঞ্চালন কৰি এনেকুৱা ভাব কৰি সি কবলৈ ধৰিলে যেন তাৰ পকা ধানত কোনোবাই মৈ দিছে।- প্রতিদিনেই জানো সি এনেকৈ আহিছিল, মই লক্ষ্যই কৰা নাই। লক্ষ্যই কৰা নাই, আজি যে সি গাড়ী লৈ আহিছিল। গাড়ী লৈ অহাৰ মতলব কি? মই অন্ধ ভেড়া নেকি, যে সেয়া মোৰ চকুতে নপৰিল। কি অন্ধ ভেড়া মই!

ম‍ই... মই একোৱে বুজিব পৰা নাই। ডাক্তাৰ অস্ফূট সুৰত কলে-ইয়াৰ অৰ্থ কি? এয়াতো ৰীতিমতে অপমান, মানুহৰ দুঃখ লৈ ধেমালি। এয়াও জানো কেতিয়াবা সম্ভৱ... জীৱনত এনেকুৱা কেতিয়াও দেখা নাই।

কোনো মানুহে যেতিয়া বুজিব পাৰে যে, তাক গভীৰভাবে অপমান কৰা হৈছে, তেতিয়া তাৰ যি অৱস্থা হয়, তেনেদৰে ভোঁতা বিস্ময়ৰ ভাব লৈ ডাক্তাৰ কান্ধটো জোকাৰি হাত দুখন সন্মুখৰ ফালে মেলি ধৰিলে৷ তেওঁৰ কিবা কৰা বা কোৱাৰ শক্তি নাই। তেওঁ ধুপুচকৈ আৰামী চকীত বহি পৰিল।

বাৰু, নহ'লে মোক আৰু ভাল নোপোৱা, বেলেগ এজনক ভালপোৱা- বেচতো। কিন্তু তাৰ কাৰণে প্ৰতাৰণা কিয়, কিয় এই জঘন্য বিশ্বাসঘাতকতা? চল্‌চলীয়া চকুত আবোগিনে কলে- ইয়াত কি লাভ হ? কিয়ই বা এই কাম কৰিলে? মই তোমাৰ কি কৰিছো? ডাক্তাৰ বাবু ! কিলিভৰ কাষলৈ গৈ সি কাতৰভাবে কলে- অনিচ্ছা সত্ত্বেও মোৰ এই দুৰ্ভাগ্য আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰি আছে। আপোনাৰ ওচৰত মই সত্য গোপন নকৰো। আপোনাৰ আগত শপত খাই কৈছো, সেই তিৰোতাজনীক মই ভাল পাইছিলো, মই তাইক মূৰত কৰি ৰাখিছিলো, মই আছিলো তাইৰ নিকিনা গোলাম। তাহৰ কাৰণে মই সকলো হেৰুৱাইছো। আত্মীয়-স্বজনৰ লগত কাজিয়া কৰিছো, কাম-কাজ জলাঞ্জলি দিছো, গীত-বাদ্য এৰিছো, তাইৰ এনেকুৱা দোষ-ত্রুটিও মার্জনা কৰিছো, যিবোৰ মা, দেউতা, ভাই, ভনীৰ মাজত দেখিলে ক্ষমা নকৰিলোহেঁতেন... চকু বহলকৈ তাইৰ ফালে কোনোদিন চোৱা নাই পর্যন্ত... মোৰ ব্যৱহাৰত কেতিয়াও কোনো ত্রুটি ৰখা নাই! কিহৰ কাৰণে ইমান মিছা ব্যৱহাৰ? মইতো ভালপোৱা দাবী কৰা নাই। তেনেহ'লে কিয় এই নীচ প্ৰতাৰণা? মোক যদি ভালপোৱাই নাই, খোলা-খুলিকৈ নকলা কিয়? এইবোৰ ক্ষেত্ৰত মোৰ মনোভাব তুমিতো জানিছিলাই...

সজল চকুত, কঁপি কঁপি আবোগিন ডাক্তাৰৰ ওচৰত তাৰ মন মেলি ধৰিলে, একোৱে গোপন নকৰিলে। তাৰ কথাত আবেগ ভৰা। বুকুৰ ওপৰত হাত দুখন চেপি ধৰি বিনাদ্বিধাই সি কৈ গ'ল তাৰ ঘৰুৱা জীৱনৰ গোপন কাহিনী। ধাৰণা হ, তাৰ মনৰ এই গোপন কথাবোৰ মনৰ পৰা উলিয়াই দিব পাৰি সি সুখী হল। এইদৰে কথা কোৱাৰ বাবে যদি সি আৰু এঘণ্টামান সুযোগ পালেহেঁতেন আৰু মনৰ মাজত যিবোৰ আছিল সকলো উজাৰি দিব পাৰিলেহেঁতেন, তেনেহ'লে হয়তো সি বহুখিনি স্বস্তিবোধ কৰিলেহেঁতেন। কোনে কব পাৰে, ডাক্তাৰো যদি বন্ধুৰ দৰে সহানুভূতি লৈ শুনিলেহেঁতেন, সি হয়তো অকাৰণে কিছুমান লৰাধেমালি নকৰি বিনা প্রতিবাদে এই ভাগ্য বিপৰ্যয়ৰ লগত খাপ খোৱাই নিব পাৰিলেহেঁতেন, সচৰাচৰ এনেকুৱাই হয়..... কিন্তু এই ক্ষেত্ৰত সেয়া সম্ভৱ নহল। আবোগিন যেতিয়া কথা কৈছিল, ডাক্তাৰৰ মুখৰ চেহেৰা চাওঁতে চাওঁতে লক্ষ্য কৰাৰ দৰে সলনি হৈ গৈছিল। ইমান সময় তেওঁৰ মুখত বিস্ময়, ঔদাসীন্যৰ যি ভাব আছিল সেয়া আঁতৰি গৈ তীব্ৰ এক ধৰণৰ অপমান, বিৰক্তি আৰু আক্ৰোশত তেওঁৰ মুখমণ্ডল উপচি পৰিল। তেওঁৰ মুখমণ্ডল আৰু অধিক ৰুক্ষ, কৰ্কৰ্শ আৰু নিৰ্মম হৈ উঠিল। আবোগিন যেতিয়া তেওঁৰ সন্মুখত ৰূপহী অথচ শুষ্ক আৰু ভাবলেশহীন এক তৰুণীৰ ছবি দেখুৱাই তেওঁক সুধিলে- যিজনী তিৰোতাৰ এনেকুৱা মুখমণ্ডল তাই জানো কেতিয়াবা মিথ্যাচাৰণ কৰিব পাৰে?

ডাক্তাৰৰ চকু-মুখত তেতিয়া কেনেকুৱা যেন এক ধৰণৰ হিংস্ৰ ভাব ফুটি উঠিল। তেওঁ হঠাৎ থিয় হৈ প্ৰতিটো শব্দত জোৰ দি ৰূঢ় কণ্ঠত

লে-কিয় মোক এইবোৰ কথা কৈছে? এইবোৰ শুনিবলৈ মোৰ কৌতুহল নাই। শুনিব নিবিচাৰোও। এইবাৰ তেওঁ মেজৰ ওপৰত ঘোচা মাৰি চিঞৰি উঠিল- মোৰ এইবোৰ তুচ্ছ ঘৰোয়া কথা শুনাৰ কোনো দৰ্কাৰ নাই। এইবোৰ বাজে কথা মোক শুনাবলৈ নাহিব! বোধহয় ভাবিছে, এতিয়াও মোক যথেষ্ট অপমান কৰা হোৱা নাই, নহয় নে? ভাবিছে মই চাকৰ, যথেচ্ছ অপমান কৰি যাব পাৰিব?

আবোগিন কিৰিলভৰ পৰা আঁতৰি আহি অবাক হৈ তেওঁৰ ফালে চাই ৰ'ল।

কি কাৰণত মোক ইয়ালৈ আনিছিল? ডাক্তাৰ কৈ গ'ল। কথাৰ লগে লগে তেওঁৰ দাঢ়ি দুলিবলৈ ধৰিলে। বেলেগ একো কৰিবলৈ নাছিল কাৰণেইতো আপুনি বিয়া কৰাইছিল ৷ সেই কাৰণেই আপোনাৰ পক্ষে অজ্ঞতাৰ অভিনয় আৰু উচ্ছাস লৈ মচণ্ডল থকা শোভা পায়, কিন্তু মোৰ তাত কি আহে যায়? আপোনাৰ প্ৰেমৰ লগত মোৰ কি সম্পর্ক? মোক শান্তিত থাকিবলৈ দিয়ক। যিমান ইচ্ছা আপোনালোকে সুংশৃংখল ঘুচিয়া-ঘুচি চলাওঁক গৈ, আপোনালোকৰ সদয় আদৰ্শবোৰ আড়ম্বৰ কৰি জাহিৰ কৰকগৈ, যিমান কৌশল জনা আছে (এইবাৰ ডাক্তাৰ বেহেলাৰ ঢাকনিটোলৈ লক্ষ্য কৰি কলে) প্ৰাণ ভৰি বজাওঁক, দামুৰি মোৰগৰ দৰে ওফন্দি উঠক, কিন্তু মানুহক লৈ এইদৰে লৰা-ধেমালি নকৰিব। যদি সিহঁতক শ্রদ্ধা কৰিব নোৱাৰে, তেনেহ'লে অপমানো নকৰিব।

ক্ষমা কৰিব, কিন্তু আপোনাৰ এই ব্যৱহাৰৰ মানে কি? লজ্জাত ৰঙা পৰি আবোগিনে প্রশ্ন কৰিলে।

ইয়াৰ মানে মানুহক লৈ এইদৰে লৰা-ধেমালি কৰাটো নীচ মনৰ পৰিচায়ক, জঘন্য এই মনোবৃত্তি। মই ডাক্তাৰ, আপোনাৰ মতে অৱশ্যে মজদুৰ, আপোনাৰ চাকৰ আৰু অমার্জিত লোক, কাৰণ সিহঁতৰ গাত ওডিকলন আৰু বেশ্যালয়ৰ গোন্ধ নাই। আপোনাৰ ইচ্ছা অনুসৰি আপুনি ভাবিব পাৰে, কিন্তু শোকত কাতৰ এজন মানুহক লৈ বান্দৰ নাচ নচোৱাৰ কোনো অধিকাৰ আপোনাৰ নাই।

কোন সাহসত আপুনি মোক এইবোৰ কথা কৈছে? মৃদুকণ্ঠত আবোগিনে কলে। আকৌ তাৰ মুখমণ্ডল কঁপিছে, স্পষ্টতঃ এইবাৰ খঙত।

মোৰ বিপদৰ কথা শুনিও কোন সাহসত মোক ইয়ালৈ আনি আপোনাৰ অজ্ঞতাৰ কথা শুনাইছে? ডাক্তাৰে পুনৰ মেজৰ ওপৰত ঘোচা মাৰি চিঞৰি কৈ উঠিল- বেলেগৰ দুখ লৈ কোন অধিকাৰে আপুনি ঠাট্টা কৰিছে?

আপুনি বলিয়া হৈ গৈছে। আবোগিনে কলে- উঃ...কি নির্মম! মোৰ এই নিদাৰুণ দুঃখত মই নিজেই কি কৰিম ভাবি ঠিক কৰিব পৰা নাই, আৰু...আৰু….

দুঃখ ! ডাক্তাৰ শ্লেষৰ সুৰত ক'লে- এই কথা উচ্চাৰণ নকৰিব, আপোনাৰ দৰে লোকৰ মুখত এইবোৰ কথা শোভা নাপায়। ঋণ পৰিশোধৰ টকা নাপাই অপদাৰ্থবোৰো দুঃখত পৰে। চৰ্বিৰ ভাৰত লৰচৰ কৰিব নোৱাৰা স্থূলকায় মোৰগো দুঃখত পৰে। যত সৱ বাজে লোক! চম্ভালি কৰি কথা ক, মহাশয় ! আবোগিন তীক্ষ্ণ কণ্ঠত কলে- এইবোৰ কথা কোৱাৰ কাৰণে পিটনিয়ে হৈছে ঔষধ, বুজিছে?

আবোগিন খৰধৰ কৰি চোলাৰ পকেট খেপিয়াই এটা খাম বাহিৰ কৰিলে। তাৰ পৰা দুটা নোট উলিয়াই মেজৰ ওপৰত দলিয়াই দিলে। এয়া আপোনাৰ ভিজিট, সি কলৈ। খঙত তাৰ নাক কঁপিছে। -আপোনাৰ পাওনা!

মোক টকাৰ লোভ দেখুৱাবলৈ নাহিব। হাতেৰে নোটবোৰ অঁতাই মজিয়াৰ ওপৰত পেলাই দি ডাক্তাৰ চিঞৰি কলে- অৰ্থ দি অপমান পৰিশোধ কৰিব পৰা নাযায়।

আবোগিন আৰু ডাক্তাৰ মুখা-মুখি থিয় হৈ খঙত পৰস্পৰক তীব্রভাবে অযথা অপমানত বিদ্ধ কৰিবলৈ ধৰিলে। জীৱনত কেতিয়াও, এনেকি প্রলাপৰ ঘোৰতো হয়তো সিহঁতে ইমান নিষ্ঠুৰ আৰু অনৰ্থক কটূক্তি কৰা নাই। উভয়ৰ মাজতে আতৰ অহমিকা মূৰ দাঙি উঠিছে। দুখী মাত্ৰৰে অহংবোধ প্ৰৱল। সিহঁত খঙাল, নিষ্ঠুৰ ন্যায় বিচাৰত অক্ষম। বুৰ্বকসকলতকৈও সিহঁতে পৰস্পৰক কম বুজে। দুর্ভাগ্যই মানুহক কাষলৈতো নাটানেই, বৰঞ্চ দূৰলৈ ঠেলি দিয়ে। আমি ভাবি থাকো, একে প্ৰকাৰৰ দুৰ্ভাগ্যৰ ফলত মানুহে মানুহে ঐক্যবোধ বৃদ্ধি পায়। যিসকল দুর্ভাগ্যত পতিত হয়, সিহঁতৰ ব্যৱহাৰত কিন্তু সেয়া প্রকাশ নাপায়। যিসকল অপেক্ষাকৃত সুখী সিহঁততকৈ বহু বেছি নিৰ্মৰ্ম আৰু অনুচিত হয় সিহঁতৰ পৰস্পৰৰ প্ৰতি ব্যৱহাৰ।

দয়া কৰি মোক ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। ডাক্তাৰ প্ৰায় নিশ্বাস ৰুদ্ধ কৰি চিঞৰি উঠিল।

আবোগিন জোৰে এটা ঘণ্টা বজালে। ঘণ্টাৰ শব্দ শুনি যেতিয়া কোনো নাহিল, সি আকৌ এবাৰ ঘণ্টা বজাই খঙত ঘণ্টাটো মজিয়ালৈ বুলি দলিয়াই দিলে। ঠং কৰি ঘণ্টাটো দলিচাৰ ওপৰত পৰিল, শব্দটো এক কৰুণ সুৰত পৰিণত হৈ বতাহত মিলি গ'ল। এনেতে হাজিৰ হল এজন চাকৰ।

ঘোচা পকাই তাৰ ফালে খেদি গৈ গৃহকর্তা গৰজি উঠিল- হাৰামজাদা, ত ইমান পোলোকা মাৰি আছিলি? যা, এই ভদ্রলোকৰ কাৰণে

গাড়ী আনিবলৈ কগৈ। আৰু মোৰ কাৰণে ঘোঁৰাৰ গাড়ী সাজু ৰাখিবলৈ কবি। শুনা। চাকৰ যেতিয়া উভতি গৈ আছিল তেতিয়া তাক মাতি লে- কাইলৈকে এজন হাৰামীও যেন এইখন ঘৰত টিকি নাথাকে। আটায়ে দূৰ হৈ যাবি। বিলকুল নতুন চাকৰ মোতায়েন কৰিম। শুয়াৰ কা বাচ্চা কাঁহাকা!

আবোগিন আৰু ডাক্তাৰ উভয়ে গাড়ীৰ কাৰণে অপেক্ষা কৰিছে। উভয়ে নির্বাক। আবোগিনৰ সূক্ষ্ম ৰুচিসম্পন্ন হাবভাব পুনৰ উভতি আহিছে। কোঠালিৰ ভিতৰত সি পদচালনা কৰি ফুৰিছে, গম্ভীৰভাবে মূৰটো জোকাৰিছে। দেখি ধাৰণা হৈছে যেন কিবা এক মতলব পাঙিছে। তেতিয়াও তাৰ খং প্রশমিত হোৱা নাছিল, কিন্তু ভাব-ভংগীত দেখুৱাবলৈ চেষ্টা কৰিছে যেন শত্ৰুৰ উপস্থিতি তাৰ চকুতেই পৰা নাই। ডাক্তাৰ মেজখন এহাতেৰে ধৰি একেদৰে নিশ্চল হৈ থিয় দি আছে, আৰু আবোগিনৰ প্ৰতি এনেকুৱা এক কুৎসিত সর্বাত্মক বিদ্রূপভৰা ঘৃণাৰ ভাব পোষণ কৰি আছে, যি ভাব একমাত্র, ভোগবিলাসৰ সন্মুখীন হ'লে, দীনহীনসকলৰ পক্ষেই পোষণ কৰা সম্ভৱ।

খন্তেক পাছত ডাক্তাৰ যেতিয়া ঘৰলৈ ওভতাৰ কাৰণে গাড়ীত উঠি বহিল, তেতিয়াও তেওঁৰ চাৱনিৰপৰা বিদ্বেষৰ ভাব মচি যোৱা নাই। চাৰিওফালে অন্ধকাৰ, এঘণ্টা আগতকৈও সেয়া গাঢ়তৰ। ৰক্তিম জোনটো পাহাৰৰ অন্তৰালত অন্তর্হিত হৈছে। পাহাৰৰ ওপৰত টুকুৰা-টুকুৰ মেঘবোৰ তৰাৰ কাষে কাষে কলা চিহ্নৰ দৰে ৰৈ আছে। ৰাস্তাৰ পিছফালৰপৰা চকাৰ শব্দ শুনা গ'ল৷ চাওঁতে চাওঁতে ৰঙা বাতি সমৃদ্ধ এখন গাড়ী ডাক্তাৰৰ গাড়ী পিছ পেলাই পাৰ হৈ গ'ল। গাড়ীত আবোগিন গৈছে, সি প্রতিবাদ কৰিবই, মূঢ়তাৰ পৰিচয় দিবই.…....

ঘৰলৈ ওভতাৰ বাটত ডাক্তাৰ তেওঁৰ স্ত্ৰী, এনেকি আন্দ্ৰেইৰ কথাও নাভাবিলে, তেওঁৰ মূৰত মাথোন আবোগিন আৰু যিখন ঘৰ সদ্য ত্যাগ কৰি আহিছে তাৰ বাসিন্দাসকল ভিৰ কৰি আছে। তেওঁৰ চিন্তাত দয়া-মায়াও নাই, ন্যায়বিচাৰো নাই। মনে মনে তেওঁ আবোগিনক, তাৰ স্ত্ৰীক, পানস্কিক, এক কথাত অতিভোগৰ সুৰভি বিলাসিতাত যিসকলৰ জীৱন অতিবাহিত হয়, সিহঁতৰ আটাইকে জাহান্নমত পঠালে। ওৰেটো ৰাস্তা তেওঁ সিহঁতৰ প্ৰতি ঘৃণা আৰু বিদ্বেষত জ্বলিবলৈ ধৰিলে, শেষত বুকুখন কিবা যেন টন্‌টনাবলৈ ধৰিলে। আৰু সিহঁতৰ সম্পর্কে দৃঢ় এক বিৰূপ ধাৰণা তেওঁৰ মনত বদ্ধমূল হল।

সময় পাৰ হৈ যাব, কিৰিলভৰ শোকও ম্লান হৈ আহিব, কিন্তু মানৱ হৃদয়ৰ পক্ষে অসংগত এই অন্যায় ধাৰণা কেতিয়াও মচি নাযাব। ডাক্তাৰৰ জীৱনৰ শেষ দিনলৈকে এই ধাৰণা নিত্য সংগী হৈ থাকিব।

 

                           আতিথ্য

(মূল- গোল্ড কর্শ)

হোঁহোঁৱাই গুলী আহিল। গেলিকো মাটিত শুই পৰিল। পাহাৰীয়া ঠাই। হাবি-বননিৰে ভৰা। গেলিকো আৰু তাৰ গাইড (মার্গ দর্শক) ৰাস্তাত উঠিছিলহে মাথোন। এনেতে ঘটনাটো ঘটি গ'ল। গেলিকো ৰক্ষা পৰিল যদিও গাইডৰ বুকু ভেদ কৰি গুলী ওলাই গ'ল। গাইডজন থিতাতে মৰি থাকিল। ফলত গেলিকো অকলশৰীয়া হৈ পৰিল।

গেলিকোই মোনাৰপৰা দূৰবীণ উলিয়াই দূৰণিলৈ দৃষ্টি প্ৰসাৰিত কৰিলে। প্রায় এহেজাৰ গজমান আঁতৰৰপৰা স্থানীয় সৈনিক এজনে সিহঁতক উদ্দেশ্য কৰি গুলী কৰিছিল। ফলত সি লুকাই-চুৰকৈ আগবাঢ়িব লগা হল। অচিনাকি বাট-পথ। ইফালে গাইডজনো লগত নাই। সেয়ে সি নিজে ৰাস্তা বিচাৰি যোৱাৰ বাহিৰে বেলেগ উপায় নাছিল। ইফালে ঘনান্ধকাৰ ৰাতি।

বাটবুলা খুবেই অসুবিধা হৈ পৰিল। সি মৃত গাইডৰ মোনাৰপৰা খাদ্যৰ টোপোলা উলিয়াই গাইডৰ শটো একাষৰীয়া কৰি থৈ শিল আৰু গছ- গছনিৰ আঁৰলৈ লুকাই-চুৰকৈ আগবাঢ়িবলৈ ধৰিলে। কিছুদূৰ অহাৰ পাছত সি শ্ৰান্ত ক্লান্ত হৈ এঠাইত শুই পৰিল। কিন্তু তাৰ টোপনি নাহিল। কিছু সময় পাছত শোৱাৰ পৰা উঠি সি পুনৰ আগবাঢ়িবলৈ ধৰিলে। কিন্তু ৰাস্তাৰ কোনো চিন-চাবেই তাৰ চকুত নপৰিল। ফলত তাৰ অৱস্থা বলিয়াৰ দৰে হৈ পৰিল। একেৰাহে বাৰ ঘণ্টা খোজ কঢ়াৰ পাছত সি খুবেই পৰিশ্ৰান্ত হৈ পৰিল। ইফালে খাদ্যবস্তুও ইতিমধ্যে শেষ হৈ গৈছিল। ওচৰে-পাঁজৰে পানীৰ কোনো নাম-গোন্ধ নাছিল। সম্ভৱতঃ ভোক, পিয়াহ আৰু ভাগৰৰ কাৰণে সি মৃত্যুৰ কোলাত ঢলি পৰিব, এনেকুৱা উপলব্ধি হবলৈ ধৰিলে তাৰ। আশা-নিৰাশাৰ দোলাত উঠি সি উণ্ডল-থুগুল মনেৰে সন্মুখৰ ফালে আগবাঢ়িবলৈ ধৰিলে। মিত্ৰৰ ঘৰতেই হওঁক অথবা শত্ৰুৰ ঘৰতেই হওঁক সি বিশ্রাম লোৱাৰ কথা ভাবিলে। কাৰণ তেতিয়া তাৰ বিশ্ৰামৰ খুবেই প্রয়োজন হৈ পৰিছিল। অতি কষ্টেৰে সি এঘৰ মানুহৰ তাত উপস্থিত হল ৷ দুৱাৰত টুকুৰিওৱাৰ আগতেই সি দুৱাৰ মুখত অচেতন হৈ ঢলি পৰিল।

গেলিকোৰ পৰাৰ শব্দ শুনি গৃহস্থ বাহিৰলৈ ওলাই আহি ক'লে- আহক, ভাই চাহাব, আপোনাক আদৰণি জনাইছো।..... কিন্তু সেই আহ্বান

গেলিকোৰ কৰ্ণগোচৰ নহ'ল। চব্বিছ ঘণ্টা পাছত যেতিয়া গেলিকোৰ জ্ঞান ফিৰিল তেতিয়া সি এগৰাকী বৃদ্ধক চৰবৰ পাত্ৰ লৈ তাৰ কাষত বহি থকা দেখিলে। বৃদ্ধৰ ওপৰত দৃষ্টি পৰাৰ লগে লগে গেলিকোৰ অন্তৰাত্মা কঁপি উঠিল। বৃদ্ধ গৰাকী আলবানিয়ান আছিল আৰু আলবানিয়ানসকলৰ ওপৰতে তাৰ চৰকাৰে আক্রমণ চলাইছিল। উক্ত যুদ্ধত সি এজন লেফটেনেণ্ট হিচাপে তাৰ চৰকাৰৰ হৈ যুদ্ধ কৰি আছিল। যদি বৃদ্ধজনে এই কথা গম পায়, তেনেহ'লে জানো তাক জীৱন্তে যাবলৈ দিব? এয়াই গেলিকোৰ ভয়ৰ কাৰণ আছিল।

আপুনি এই চৰবতখিনি খাই আৰাম কৰক। বৃদ্ধজনে তাক ক'লে।

কিন্তু আপুনি জানো জানে, গেলিকোৰ মুখৰপৰা হঠাৎ ওলাই পৰিল- আপোনালোকৰ ওপৰত আক্রমণ সংঘটিত কৰা ইটালিয়ান চৰকাৰৰ মই এজন লেফটেনেণ্ট?

ব পাৰে। বদ্ধগৰাকীয়ে কলে- কিন্তু আটাইতকৈ ডাঙৰ কথা হ, এতিয়া ।আপুনি আমাৰ অতিথি। অতিথিক আদৰ-সাদৰ কৰা আমাৰ আলবিনিয়ানসকলৰ প্ৰথম আৰু আটাইতকৈ প্ৰধান কৰ্তব্য। আপুনি আমাৰ ঘৰলৈ আহিছে, আমাৰ ঘৰত বহি আছে, গতিকে আপুনি নির্ভয়ে বিশ্রাম লব পাৰে, খাব-পিব পাৰে আৰু স্ফূৰ্তি কৰিব পাৰে। এইদৰে কৈ বৃদ্ধই ক'লে- কিন্তু আমিওতো আপোনালোকৰ দেশৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছো।-

গেলিকোই সেমেনা-সেমেনি কৰি কল- হয়, সেয়া মই নজনা নহয়। গেলিকোই সুধিলে- তেনেহ'লে মই আপোনাৰ আচামী নেকি?

কেতিয়াও নহয়।বৃদ্ধই মিচিকিয়া হাঁহি মাৰি ক'লে-কিয়নো আপুনি আমাৰ অতিথি। গতিকে আপুনি আমাৰ চৰ্দাৰ। আপোনাক ইটালিয়ান বুলি জানিও মোৰ ঘৈণী আৰু মই আপুনি অচেতন হৈ পৰি থকা অৱস্থাত পাৰ্যমানে আপোনাৰ সেৱা-শুশ্রূষা কৰিছো। এইখন ঘৰক আপুনি নিজৰ ঘৰ বুলি ভাবিব পাৰে। এদিন-দুদিন নহয়, আপুনি এবছৰ আমাৰ অতিথি হৈ থাকিলেও আমি সাদৰে আপোনাৰ সেৱা-শুশ্রূষা কৰিম। আপোনাৰ যেতিয়া ইচ্ছা তেতিয়াই আপুনি যাব পাৰিব আৰু আপুনি বিচাৰিলে আপোনাক মোৰ আটাইতকৈ ভাল ঘোঁৰাটোও দিয়া হব। যিমানদিনলৈকে আপুনি আমাৰ ঘৰত থাকিব, সিমানদিনলৈকে মই মন-প্রাণ ঢালি আপোনাৰ সেৱা-শুশ্রূষা কৰি যাম।

গেলিকোই কোঠালিটোত দৃষ্টি বুলালে। কোঠালিটো মুছলমানী সাঁচত বৰ যতনেৰে সজোৱা আছিল।

বৃদ্ধই সুধিলে- আপুনি এতিয়াই আহাৰ গ্ৰহণ কৰিব, নে পাছত খাব? আপুনি খ্ৰীষ্টান, হয়তো আপুনি মদ খায়! কিন্তু আমি মুছলমান, মদ স্পৰ্শ কৰাও আমাৰ কাৰণে পাপ। সেয়ে খাদ্যৰ লগত মদ পৰিৱেশন কৰা আমাৰ কাৰণে সম্ভৱ নহ'ব। ইয়াৰ বাবে মই ক্ষমা বিচাৰিছো। হয়, আমাৰ ছোৱালীকেইজনীয়ে আপোনাৰ কোটৰ ফটা অংশ চিলাই কৰি দিছে। আপোনাৰ জোতা ফাটি-ছিঙি গৈছিল, গতিকে সেইটো পেলাই দিছে। কিন্তু মৰক্কোৰ চামৰাৰে তৈয়াৰী বেলেগ জোতা আপুনি কিনিব পাৰিব। আমাৰ ছোৱালীয়ে আপোনাৰ কাৰণে চোলা চিলাই কৰি দিব। ৰাতিপুৱাৰ পৰাই চিলাইৰ কাম আৰম্ভ কৰিছে।

মোক যাবলৈ দিয়ক। মই নিজৰ কেম্পলৈ যিমানদূৰ সম্ভৱ সোনকালে যাবলৈ বিচাৰো৷

বৃদ্ধই সসন্মানে ক'লে- আপোনৰ ইচ্ছাৰ বিৰুদ্ধে ইয়াত কোনো কামেই কৰা নহব। আপুনি অনুগ্ৰহ কৰি প্ৰথমে খাদ্য গ্রহণ কৰক।

বৃদ্ধই হাত চাপৰি বজালে। হাত চাপৰি বজেৱাৰ লগে লগে খাদ্যৰ কাঁহীলৈ বাবুর্চি কোঠালিৰ ভিতৰলৈ সোমাই আহিল। গেলিকোই পেট পূৰাই আহাৰ গ্ৰহণ কৰিলে। আহাৰ গ্ৰহণ কৰাৰ পাছত সি দুগুণ শক্তি অনুভৱ কৰিবলৈ ধৰিলে। সি সুধিলে- আজি যুদ্ধৰ খবৰ কি?

আমাৰ বাদচাহ প্রাসাদ এৰি পলাই গৈছে। আলবিনিয়াৰ আকাশত এতিয়া আপোনালোকৰ পতাকা উৰি আছে। বৃদ্ধই যুদ্ধৰ খবৰ শুনালে।

সৈনিকজনে ভাবিলে, হয়তো এই কাৰণেই বৃদ্ধই তাক আদৰ-সাদৰ কৰি আছে। এই বিচাৰ মনলৈ অহাৰ লগে লগে গেলিকোৰ বুকু অভিমানত ফুলি উঠিল। সি অহংকাৰ মিহলি সুৰত কলে- তোমাৰ এই উপকাৰৰ কথা মই কেতিয়াও পাহৰি নাযাও, এই কথা তুমি বিশ্বাস কৰিব পাৰা।

বৃদ্ধই গেলিকোৰ মনোভাব উপলব্ধি কৰিব পাৰিলে। সি ক'লে- আপুনি মোক বুজাত ভুল কৰিছে। আপুনি আমাৰ অতিথি আৰু আমি আপোনাৰ গৃহস্থ, এই কাৰণেই মাথোন আমি আপোনৰ সেৱা-যত্ন কৰি আছো। হয়, মই এষাৰ কথাত দুঃখিত যে, আপুনি ইটালিয়ান। ইয়াক আপোনাৰ দুৰ্ভাগ্য বুলি ভাবিব পাৰে।

গেলিকোই কিছু উষ্মাৰে সৈতে কলে- দুৰ্ভাগ্য! মুখ চম্ভালি কথা কওঁক, মহাশয়।

বৃদ্ধই গেলিকোৰ কথাত গুৰুত্ব নিদি কলে- হয়, দুৰ্ভাগ্য! কিয়নো আপুনি আমাৰ ঘৰত অতিথি হলেও যুদ্ধক্ষেত্ৰততো আপুনি আমাৰ শত্ৰুই। আপুনি আমাৰ ঘৰত বিপদত পৰি উপস্থিত হৈছে, গতিকে আপোনাৰ সেৱা-শুশ্রূষা কৰাটো মাথোন আমাৰ কৰ্তব্যই নহয়, ধর্মও। এই কাৰণে আমি আপোনাৰ প্ৰতি বিশেষভাবে লক্ষ্য ৰাখিব লগা হৈছে। কিন্তু ইয়াক আপুনি তোষামোদ বুলি নাভাবিব। এয়াতো মাথোন মোৰ কর্তব্য পালন কৰি আছো।

গেলিকোই কোনো প্রত্যুত্তৰ নকৰিলে। বৃদ্ধই পুনৰ কলে- সামান্য মিঠৈৰ সোৱাদ লওঁক।

মিঠৈ খাই গেলিকোই কলে- তোমলোকে সঁচাকৈয়ে সুস্বাদু খাদ্য প্রস্তুত কৰিছা ! এইদৰে খাদ্যৰ প্ৰশংসা কৰি খন্তেক ৰৈ পুনৰ ক'লে- সেয়া যুদ্ধ নাছিল, ব পাৰা ধেমালিহে আছিল। এয়া কবই লাগিব যে, তোমালোক পাহাৰীয়াসকলে খুবেই বন্দুক চলাব জানা। পাহাৰ আৰু জংঘলৰ মাজেৰে আহি আছিলো, এহেজাৰ গজমান আঁতৰৰ পৰা এজন পাহাৰীয়া লোকে গুলী কৰি মোৰ গাইডক উৰুৱাই দিছে।

বৃদ্ধগৰাকীয়ে কোনো মন্তব্য কৰাৰ আগতেই বাহিৰত কেইজনীমান তিৰোতা মানুহ হঠাৎ হুৰাওৰাৱে কান্দি উঠিল। কথাটো হ, ইটালীৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ বৃদ্ধৰ পাঁচজন পুতেক যুদ্ধক্ষেত্ৰলৈ গৈছিল। সিহঁতৰ মৃতদেহ ঘৰলৈ অনা হৈছে। সেয়ে পুতেককেইজনৰ মাক আৰু ভনীয়েককেইজনী হুৰাওৰাৱে কান্দি উঠিছিল। বৃদ্ধগৰাকীও এটা সময়ত ভাগি পৰাৰ উপক্ৰম হল। কিন্তু পাছমুহূৰ্ততে সি নিজক চম্ভালি লৈ ক'লে- মোক ক্ষমা কৰিব। মই আপোনাৰ বিশ্ৰামত ব্যাঘাত জন্মালো। ময়ো যুদ্ধক্ষেত্ৰলৈ গৈছিলো, কিন্তু দুর্ভাগ্যবশতঃ মৰিব নোৱাৰিলো।

গেলিকোৰ মন ভাৰাক্ৰান্ত হৈ উঠিল। অনুশোচনাৰ সুৰত ক'লে সি- ঈশ্বৰে যাতে এনেকুৱা কেতিয়াও নকৰে। হব পাৰে, হয়তো ময়ে তোমাৰ পুতেকহঁতক হত্যা কৰিছো।.... কিন্তু সেয়াতো যুদ্ধ আছিল....কোনে কাৰ ওপৰত গুলী চলাই আছিল, তাৰ একো খবৰে নাছিল।

বৃদ্ধই শান্ত কণ্ঠত গেলিকোক আশ্বাস দিলে- মহাশয়, এই বিষয়ে আপুনি অকণো চিন্তা নকৰিব। আপুনি আমাৰ অতিথি, আমাৰ ঘৰত কেতিয়াও আপোনাৰ লগত দুৰ্ব্যৱহাৰ কৰা নহয়।

ঃ নাই নাই, মোৰ তোমালোকলৈ সামান্যতম ভয়ো নাই। কিন্তু তোমাৰ ইমান সেৱাৰ প্ৰতিদান……..

বৃদ্ধই ক'লে- মই বুজিব পাৰিছো আপুনি আমাৰ স্থিতি উপলব্ধি কৰিব পাৰিছে। তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। লওঁক, এই চৰবত আপোনাৰ কাৰণে.... বৃদ্ধই এটি পাত্ৰত গেলিকোলৈ চৰবত আগবঢ়ালে।

গেলিকোই ক'লে- তোমালোকৰ অতিথি সেৱাৰ এই প্রথা মোৰ বৰ ভাল লাগিছে। মই কথা দিছো, আমাৰ চৰকাৰৰ ফালৰপৰা তোমালোকৰ এই অতিথি সেৱাৰ প্ৰতিদান নিশ্চয় দিয়াম।

বৃদ্ধই শান্ত সমাহিত কণ্ঠত কলে-আপুনি চাব পাৰে, আমাৰ এই বস্তি পাহাৰৰ ওপৰৰ একেবাৰে ওখ সমতলত আছে। ফলত ইটালিয়ানসকললৈ আমাৰ অকণো ভয় নাই। ইয়ালৈ উঠি অহাৰ কাৰণে মাথোন এটাই বাট আছে, যিটো বাটৰ কথা আন কোনেও নাজানে। আমাৰ এই দুৰ্গ জয় কৰিবলৈ হ'লে আপোনালোকৰ চৰকাৰে এক বিশাল বাহিনী প্ৰেৰণ কৰিব লাগিব। ইয়াৰ লগতে আমাৰ অতিথি সৎকাৰ সম্পৰ্কে আপুনি এষাৰ কথা জানি থওঁক, এই এলেকাত এবাৰ এজন মানুহে নিজৰ চুবুৰিৰে এজন মানুহৰ পত্নীক হত্যা কৰিছিল। গিৰিয়েকে পত্নী হত্যাৰ প্ৰতিশোধ লোৱাৰ কাৰণে শপত খাইছিল। হত্যাকাৰীয়ে কথাটো জানিব পাৰি নিহতৰ গিৰিয়েকৰ লগত থাকিবলৈ লৈছিল। প্রায় বিছ বছৰ কাল সি তাত আছিল। তাত থকা সময়খিনিত তাৰ প্ৰতি কোনেও আঙুলি তুলি কথা কোৱা নাছিল। আৰু খুবেই যত্ন সহকাৰে সেৱা-যত্ন কৰা হৈছিল ৷

এনেতে গেলিকোৰ দাঢ়ি খুৰাবলৈ ইচ্ছা গ'ল ৷ বৃদ্ধই দাঢ়ি খুৰোৱাৰ ব্যৱস্থা কৰি দিলে। দাঢ়ি খুৰোৱাৰ পাছত গেলিকোই কলে- এতিয়া মই যোৱা উচিত।

আপোনাৰ যি মৰ্জি। এইদৰে কৈ বৃদ্ধই লগুৱাক ঘোঁৰা আনিবলৈ নিৰ্দেশ দিলে। ঘোঁৰাৰ পিঠিত জীন আঁটা হল। পাছত গা-পা ধোৱাই বৃদ্ধই গেলিকোক ঘোঁৰাৰ পিঠিত বহুৱাই দিবলৈ আহিল। জলপনাৰ টোপোলাও যতনাই দিয়া হ'ল।

গেলিকোই কঁকালত ৰিভলভাৰ গুঁজি ঘোঁৰাৰ পিঠিত উঠি বহিল। বৃদ্ধও আহিল তাৰ লগত আগবঢ়াই থোৱাৰ কাৰণে। সিহঁত ঘৰৰপৰা বহু দূৰলৈ আহিল। সূৰ্যটো তেতিয়া পশ্চিম আকাশত লুকাই পৰাৰ কাৰণে যো-জা চলাই আছিল ৷

বৃদ্ধই গেলিকোৰ মনযোগ আকৰ্ষণ কৰি ক'লে- বাৰু, মোৰ মাটিৰ এয়াই শেষ সীমা।

এয়া আপুনি কি কৰি আছে? গেলিকো ভয়ত চিঞৰি উঠিল। সি দেখিলে, বৃদ্ধই তাৰ ফালে ৰিভলভাৰ টোঁৱাই আছে।

বৃদ্ধই ক'লে- হত্যাকাৰী বিছ বছৰ কাল নিহতৰ গিৰিয়েকৰ লগত আছিল। এদিন সি নিহতৰ গিৰিয়েকৰ লগত দূৰণিৰ এখন বাগিচালৈ ফুৰিবলৈ গৈছিল। সিদিনাই তাক নিহতৰ গিৰিয়েকে গুলীৰে উৰুৱাই দিছিল। কিয়নো ঘৰৰপৰা বাহিৰলৈ ওলাই অহাৰ পাছত হত্যাকাৰী তাৰ অতিথি নাছিল। আপুনিও এতিয়া মোৰ অতিথি হৈ থকা নাই। মৃত্যুৰ পূৰ্বে প্ৰাৰ্থনা কৰিব বিচাৰে নেকি?

গেলিকোই সন্মতিত মূৰ জোকাৰিলে।

বৃদ্ধই ক'লে- মোৰ পাঁচজন পুতেকৰ দেহত আপোনাৰ ৰাইফেলৰ গুলীৰ নমুনা পোৱা গৈছে৷ মই মোৰ প্ৰতিজন পুতেকৰ নামত আপোনাৰ দেহত পাঁচ জাঁই গুলী মাৰিম।

বৃদ্ধই সৈনিকজনক লক্ষ্য কৰি গণি গণি পাঁচ জাঁই গুলী এৰিলে৷ পাছত বৃদ্ধই ৰিস্কাৰৰ ভংগীত মৃতদেহটো ভৰিৰে তললৈ ঠেলি দি খালী ঘোঁৰালৈ ঘৰলৈ উভতি আহিল।

তিৰোতাকেইজনী তেতিয়াও হুৰাওৰাৱে কান্দি আছিল। সিহঁতৰ চকুপানীয়ে পৰিৱেশ থম্‌থমীয়া কৰি ৰাখিছিল। ঘৰৰ ভিতৰলৈ সোমাই আহি কফনেৰে আবৃত জ্যেষ্ঠ পুতেকৰ মৃতদেহৰ ওপৰত আছাৰ খাই পৰি বৃদ্ধই বুকুত চপৰিয়াই চপৰিয়াই কান্দিবলৈ ধৰিলে।

(প্ৰকাশ- নিয়মীয়া বাৰ্তাৰ দেওবৰীয়া বাঁহী-চেপ্টেম্বৰ/২০১২)

 

                  ফুটফুটীয়া পটিৰ ৰহস্য

(মূল- আৰ্থাৰ কোনান ডয়েল)

১৮৮৩ চনৰ এপ্ৰিল মাহৰ এক মনোৰম ৰাতিপুৱা। মই আৰামেৰে শুই আছিলো, কোনোবাই মোক টোপনিৰপৰা জগালে। চকু মেলি দেখিলো, শ্বাৰ্লক হোমচ মোৰ সন্মুখত থিয় দি আছে। মোক দেখিয়ে তেওঁ ক'লে- এজনী মহিলা বৰ উত্তেজিত অৱস্থাত একেবাৰে ধলপুৱাতে মোৰ কাষলৈ আহিছে আৰু মোক লগত লৈ যাব খুজিছে। তুমি মোৰ লগত যাব পাৰিবা নেকি?

মইতো সদায় এনেকুৱা অৱসৰৰ কাৰণে প্ৰস্তুত হৈয়ে থাকো। সেয়ে কেইমিনিটমানৰ ভিতৰতে সাজু হৈ তেওঁৰ লগত ওলালো।

সেই মহিলাজনী মানে মিছ স্টোনৰৰ লগত মোক পৰিচয় কৰোৱাৰ পাছত শ্বাৰ্লক হোমচে তাইক সুধিলে- আপুনি এনেকৈ কঁপি আছে কিয়? ঠাণ্ডা লাগিছে নেকি?

: নহয়, মই ভয়ত কঁপি আছো।

ঃ আমি দুয়ো থাকোঁতে আপোনাৰ ভয় কৰাৰ প্ৰয়োজন নাই। অ’! আপুনি ৰাতিপুৱা ৰেলত আহিছে নেকি! আৰু ইয়ালৈকে আহোঁতে আপুনি কুকুৰ-গাড়ী ব্যৱহাৰ কৰিব লগা হৈছে।

বিস্মিতভাবে মিছ স্টোনৰে সুধিলে- কিন্তু আপুনি এইবোৰ কথা কেনেকৈ জানিলে?

ঃ ৰে'লৰ ৰিটাৰ্ণ টিকটৰ আধা অংশ আপোনাৰ হাত-মোজাত লাগি আছে আৰু পোচাকত যিদৰে ধূলি-মাকতি লাগি আছে, এনেকুৱা ধূলি-মাকতি কুকুৰ-গাড়ীত ভ্ৰমণ কৰিলেহে লাগে।

সঁচাকৈয়ে, আপোনাৰ দৃষ্টিশক্তি বৰ প্ৰখৰ। কিন্তু আপুনি অনুগ্ৰহ কৰি মোৰ অসুবিধাৰ ওপৰত গুৰুত্ব দিয়ক। মোক সহায় কৰক। ঘটনা শুনোৱাৰ আগতে মই মোৰ দুটা অসুবিধাৰ বিষয়ে কব বিচাৰোঁ, যাৰ কাৰণে মোৰ ভয় দুগুণ বাঢ়ি গৈছে। প্রথম অসুবিধা এই যে, সৰু সৰু

কথাত মোৰ সন্দেহ কৰাৰ অভ্যাস আৰু দ্বিতীয় অসুবিধা এই যে, যি বস্তুলৈ মোৰ ভয়, সেই বস্তু কেতিয়াবা কেতিয়াবা মোৰ ওচৰত সুস্পষ্ট নহয়। মই এজনী নার্ভাচ প্ৰকৃতিৰ তিৰোতা। বাস্তৱ পৃথিবীতকৈ কল্পনাৰ জগতত বিচৰণ কৰিবলৈ মোৰ অধিক ভাল লাগে।

আপুনি আপোনাৰ মানসিক পৰিস্থিতি আৰু মনঃস্থিতিৰ বিষয়ে কৈ বৰ ভাল কৰিছে, মিছ স্টোনৰ। বাৰু, আপোনাৰ সম্পূর্ণ নাম কি?

ঃমোৰ নাম হেলেন স্টোনৰ আৰু মই মোৰ সতীয়া পিতৃৰ লগত সৰেত থাকো। আমাৰ ৰাঁয়লেট পৰিয়াল ইংলেণ্ডৰ এক প্রতিষ্ঠিত পৰিয়াল। এই পৰিয়ালক এটা সময়ত ইংলেণ্ডৰ সৰ্বাধিক ধনী পৰিয়ালৰ ভিতৰত গণ্য কৰা হৈছিল। দুর্ভাগ্যবশতঃ, বিগত দুই পুৰুষৰ এজন উত্তৰাধিকাৰীৰ জুৱাৰ কু-অভ্যাসৰ ফলত পৰিয়ালটো বহুত আর্থিক ক্ষতিৰ সন্মুখীন হব লগা হয়। ফলত মোৰ সতীয়া পিতৃয়ে জীৱন-যাপনৰ কাৰণে খুবেই সংঘৰ্ষ কৰিব লগীয়া হৈছে। সি এজন ডাক্তাৰ। কিছু বছৰ আগতে সি এজন লগুৱাক খঙত হত্যা কৰিছে। সি ফাঁচিৰ পৰা হাত সাৰিলেও বহু বছৰ জেলত কটাব লগা হৈছে। সিঁ এজন দুঃখী আৰু নিৰস মানুহ।

ঃ আপোনাৰ মাক...?

ঃ মোৰ মাৰ নাম আছিল মিছেছ হডচন, মোৰ পিতা ভাৰতৰ বংগত আর্টিলাৰী জেনেৰেল হৈ থাকোঁতে তাইৰ লগত বিবাহ হৈছিল। তেওঁৰ

মৃত্যুৰ পাছত মোৰ মা মোৰ সতীয়া পিতৃ ডাক্তাৰ ৰাঁয়লেটৰ লগত বিবাহপাশত আৱদ্ধ হয় আৰু মোক আৰু যমজ ভনীক লৈ ডাক্তাৰ ৰাঁয়লেটৰ মহল সদৃশ গৃহত থাকিবলৈ লয়। মোৰ মাই পিতৃ-মাতৃৰ ফালৰপৰা উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰপৰা প্ৰতি বছৰ এহেজাৰ পাউণ্ড আয় হৈছিল। তাই ডাক্তাৰ ৰাঁয়লেটৰ নামত এই আয়ৰ উত্তৰাধিকাৰৰ ব্যৱস্থা এটা চৰ্তৰ ওপৰত কৰিছিল। চৰ্ত আছিল, আমাৰ বিয়াৰ অৱসৰত সেই আয়ৰ কিছু অংশ আমি দুজনী ভনীয়ে পাম। আঠ বছৰ আগত এক ৰেল দুৰ্ঘটনাত আমাৰ মাৰ মৃত্যু হৈছে। মাৰ মৃত্যুৰ পাছত মোৰ সতীয়া পিতৃয়ে প্ৰেক্‌টিচ এৰি লণ্ডনত নিজৰ পৰিয়ালৰ পুৰণি গৃহত থাকিবলৈ লৈছে আৰু সেই এহেজাৰ পাউণ্ড আয় মোৰ সতীয়া পিতৃ আৰু আমি দুজনী ভনীৰ জীৱিকাৰ একমাত্র উপায় হৈ পৰিছে। কিন্তু মাৰ মৃত্যুৰ পাছত আমাৰ সতীয়া পিতৃৰ মাজত এক ভয়ানক পৰিৱৰ্তন লক্ষ্য কৰিছো। তেওঁ অকলে বসবাস কৰি আছে আৰু যিয়ে তেওঁৰ লগত সম্পর্ক বঢ়োৱাৰ কাৰণে চেষ্টা কৰে, তাৰ লগতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। এই কাজিয়াৰ কাৰণে তেওঁ কেবাবাৰো পুলিচ থানালৈ যাব লগা হৈছে।

গাঁৱৰ মানুহে দেউতাক খুউব ভয় কৰে। তাৰ খং আৰু শক্তিশালী শৰীৰটোক আটায়ে সমীহ কৰি চলে। সি বহু জীপচি(অঘৰী) পৰিয়ালক তাৰ মাটিত বসবাস কৰিবলৈ অনুমতি দিছে আৰু অধিকাংশ সময় সি সিহঁতৰ লগতে থাকে। আমি দুজনী ভনীৰ প্ৰতি সি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। তাৰ স্বভাৱৰ কাৰণে কোনো লগুৱা আমাৰ তাত টিকি থাকিব নোৱাৰে। ফলত ঘৰৰ সকলো কাম-কাজ আমি দুজনী ভনীয়ে কৰিব লগা হয়। পিতৃৰ উপেক্ষা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতে দুবছৰমান আগতে মোৰ ভনী জুলিয়াৰ মৃত্যু হৈছে। কিন্তু তাইৰ মৃত্যুৰ আন এক কাৰণো আছে, অৰ্থাৎ ইয়াৰ পোনপটীয়া সম্বন্ধ আছিল আমাৰ সতীয়া পিতৃৰ লগত।

: কি কাৰণ আছিল?

মৃত্যুৰ কিছুদিন আগত এজন নৌসেনাৰ লগত জুলিয়াৰ প্ৰেমৰ সম্বন্ধ গঢ় লৈ উঠিছিল আৰু উভয়ে বৰদিনৰ পাছত বিয়া কৰোৱাৰ বাবে সিদ্ধান্ত লৈছিল। আমাৰ সতীয়া পিতৃৰ এই বিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাছিল। কিন্তু বিয়াৰ পোন্ধৰ দিন আগত এটি ভয়ানক ঘটনা ঘটে আৰু সেই ঘটনাই মোৰ একমাত্ৰ লগৰীক কাঢ়ি নিছে।

: ঘটনা অনুগ্রহপূর্বক বিস্তাৰিত কওঁক।

সেয়া মই বিস্তাৰ্তিভাবেই বৰ্ণনা কৰিব পাৰিম, কিয়নো ঘটনাৰ ক্ষুদ্রাতিক্ষুদ্ৰ কথাও মোৰ মনত আছে। আমি কৰা ঘৰটো খুবেই ডাঙৰ। কিন্তু আমি ঘৰটোৰ এটা অংশতহে বাস কৰো। তাত তিনিটা বেডৰোম আছে আৰু প্ৰতিটো ৰোম এটাৰ লগত আনটো সংলগ্ন।

খিড়িকীবোৰ বাহিৰৰ লনৰ ফালে খোলে। তিনিটা ৰোমৰ প্ৰথমটো আমাৰ পিতৃৰ, দ্বিতীটো জুলিয়াৰ আৰু তৃতীয়টো মোৰ আছিল ৷ যিটো নিশা জুলিয়াৰ মৃত্যু হৈছে, সেই নিশা বিছনালৈ যোৱাৰ আগতে তাই মোৰ ওচৰলৈ আহি সুধিছিল- হেলেন, তই মাজনিশা আশে-পাশে কাৰোবাৰ সুহুৰিৰ শব্দ শুনিবলৈ পাইছ নেকি? যেতিয়া মই শুনা নাই বুলি ক'লো, তেতিয়া তাই কলে যে, যোৱা কিছুদিনৰপৰা প্ৰতিদিন মাজনিশা তাই পাতল সুহুৰিৰ শব্দ শুনি আছে, কিন্তু সেই সুহুৰিৰ উৎস কত তাই ধৰিবপৰা নাই। এইদৰে কৈয়ে তাই শোৱাৰ কাৰণে নিজৰ ৰোমলৈ গুচি গৈছিল। যোৱাৰ সময়ত তাই কৈ গৈছিল যে, ডাক্তাৰৰ চিগাৰেটৰ ধোঁৱাৰ দুর্গোান্ধ আহি আছিল, যাৰ কাৰণে তাই শুৱ পৰা নাছিলো, এতিয়া হয়তো ধোঁৱা ওলোৱা বন্ধ হৈছে।

জুলিয়া ওলাই যোৱাৰ পাছতে মই ভিতৰৰপৰা মোৰ ৰোমত তলা লগাই দিছিলো।

ঃ আপুনি ভিতৰৰপৰা ৰোমত তলা লগাই শোৱে নেকি?

হয়, শুৱ লগা হয়। দেউতাই এটা চিতাবাঘ আৰু এটা বান্দৰ পোহে। সচৰাচৰ দুয়োৱে নিশা অকাতৰে টোপনি যায়, কিন্তু সাৱধানতাৰ কাৰণে কেতিয়াবা ভিতৰৰপৰা তলা লগাই শোও। সেইদিনা নিশা মোৰ কোনোবা ভাবী দুৰ্ঘটনাৰ আশংকাত মই শুৱ পৰা নাছিলো। বাৰে বাৰে মোৰ জুলিয়াৰ কথা মনত পৰি আছিল। সেইটো নিশা খুবেই ভয়াৱহ আছিল। প্রচণ্ড বতাহ ভয়ানক শব্দ কৰি বৈ আছিল ৷ লগতে বৰষুণো দি আছিল। তেতিয়াই মই এক হৃদয়বিদাৰক চিঞৰ শুনিবলৈ পালো। চিঞৰটো জুলিয়াৰ বুলি অনুমান হ'ল।

মই দুৱাৰ খুলি বাৰাণ্ডালৈ ওলাই আহিলো। মই বাৰাণ্ডালৈ অহাৰ লগে লগে মই পতল সুহুৰিৰ শব্দ শুনিবলৈ পালো ৷ জুলিয়াই তেনেহ'লে মিছা কোৱা নাছিল ! যিয়ে নহওঁক, মই দৌৰি জুলিয়াৰ কোঠালিলৈ গ'লো। ৰোমৰ দুৱাৰ খোলা আছিল। তাত মই জুলিয়াক ভয়ার্ত অৱস্থাত লগ পালো। মই তাইক সাৱটি ধৰাৰ লগে লগে তাই চিঞৰি চিঞৰি কবলৈ ধৰিলে- আঃ! কেনে ভয়ানক আছিল সেই ফুটফুটীয়া পটিটো! ইয়াৰ পাছত তাই ডাক্তাৰ ৰাঁয়লেচৰ কোছালিৰ ফালে ইংগিত কৰি কিবা কব খুজিলে, কিন্তু শৰীৰৰ কম্পনৰ কাৰণে তাই একো ক নোৱাৰিলে আৰু তাই মৃত্যুৰ কোলাত ঢলি পৰিল।

: সুহুৰিৰ শব্দৰ বাহিৰেও বেলেগ কিবা শব্দ শুনিবলৈ পাইছিল নেকি আপুনি?

ঃ কিবা ধাতৱ বস্তু সজোৰে মাটিত পৰাৰ শব্দও শুনিবলৈ পাইছিলো, জুলিয়াইও তেনেকুৱা শব্দ শুনিবলৈ পাইছিল।

: অঘৰী পৰিয়ালৰ মানুহ সিদিনা নিশা কত আছিল?

ঃ তাত, ত মোৰ পিতাই সিহঁতক থাকিবলৈ ঠাই দিছিল।

: সেই ফুটফুটীয়া পটিৰ বিষয়ে আপুনি কি ভাবিছে?

: যেতিয়া জুলিয়াই ফুটফুটীয়া পটিৰ বিষয়ে কৈছিল, তেতিয়া তাই প্রকৃতিস্থ অৱস্থাত নাছিল। সেয়ে দৃষ্টিভ্ৰমৰ কাৰণে তাই কোনো ফুটফুটীয়া পটি দেখিব পাৰে অথবা তাৰ আভাস পাব পাৰে।

কিন্তু ধাৰণা হ, হোমচ্ হেলেনৰ এই উত্তৰত সন্তুষ্ট নহ'ল। তেওঁ ক'লে- বিষয়টো খুবেই জটিল। বাৰু, কওঁকচোন পাছত কি হ'?

জুলিয়াৰ মৃত্যুৰ পাছত মই একেবাৰে অকলশৰীয়া হৈ পৰিছো। মোৰ এই অকলশৰীয়া অৱস্থা এমাহমান আগতে পৰ্চী আমিটেজ নামৰ এগৰাকী সুদৰ্শন যুৱকে মোক তাৰ জীৱন সংগীনি বনোৱাৰ নিশ্চয়তা দি দূৰ কৰিছে। মোৰ পিতাৰো এই সম্বন্ধ লৈ কোনো ধৰণৰ আপত্তি নাই। কিন্তু, দুদিনৰপৰা মই দুশ্চিন্তাত ভুগি আছো আৰু মোৰ ভয় লাগি আছে যে, এই বিয়াও নহব। দুদিনমান আগতমেৰামতৰ কাৰণে মোৰ কোঠালিৰ দেৱাল এটি দেৱাল ভঙা হৈছে, ফলত মই জুলিয়াৰ বিছনাত শুৱলৈ বাধ্য হৈছো। কালি যেতিয়া মই তাইৰ বিছনাত শুৱলৈ গ'লো, তেতিয়া আশংকা আৰু ভয় হৈছিল। যাৰবাবে সিদিনা ভিতৰৰপৰা তলা লগাই শুইছিলো। কালি নিশাও মই তলা লগাই শুইছিলো।

ঃ কালি নিশা তলা লগাই শোৱাৰ কাৰণ?

ঃ কাৰণ, কালি নিশা মোৰ জুলিয়াৰ দুঃখজনক মৃত্যুৰ কথা মনত পৰি গৈছিল। সেয়ে মই তাইৰ বিষয়ে ভাবি আছিলো। মাজনিশা হঠাৎ জুলিয়াৰ মৃত্যুৰ নিশা জুলিয়াই শুনাৰ দৰে সুহুৰিৰ শব্দ শুনিবলৈ পালো। মই খৰধৰ কৰি উঠি লেম্প জ্বলালো আৰু কোঠালিৰ চুকে-কোণে বিচাৰি চলাথ কৰিলো, কিন্তু কতো একো চকুত নপৰিল। নিশা মই পুনৰ শুৱ পৰা নাই আৰু ৰাতি পুওৱাৰ আগতেই আপোনাৰ লগত দেখা কৰিবলৈ লৰি আহিছো।

ঃ আপুনি ঠিকেই কৰিছে; কিন্তু আপুনি কিবা এটা লুকুৱাই আছে?

ঃ আপোনাৰ কথাৰ অৰ্থ মই বুজিবপৰা নাই।

ঃ আপুনি এয়া কোৱা নাই যে, আপোনাৰ দেউতাক ডাক্তাৰ ৰাঁয়লেট এই ঘটনাৰ লগত কেনেকৈ সাঙোৰ খাই আছে?

: তাৰ ব্যৱহাৰ আমাৰ প্ৰতি সদায় কঠোৰ। সি খুবেই কঠোৰ আৰু নিৰ্দয় প্ৰকৃতিৰ লোক। সি এতিয়াও মোৰ ওপৰত হাত তোলে। কিছু সময় চিন্তা-ভাৱনা কৰাৰ পাছত শ্বাৰ্লক হোমচে ক'লে- মিছ স্টোনৰ, মই ইতিমধ্যেই কৈয়ে থৈছো, বিষয়টো অতি জটিল। মই এই বিষয়ে কোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ নিৱাসস্থল চাব বিচৰো। পলম কৰা উচিত নহব। বাৰু, আমি এতিয়া আপোনাৰ গাঁৱৰ ফালে ৰাওণা হলে আপোনাৰ দেউতাকৰ অনুপস্থিতিত তিনিওটা বেডৰোম চাব পাৰিম নেকি?

: মোৰ চহৰত কিছু জৰুৰী কাম আছে। সেই কাম সমাধা কৰি মই বাৰ বজাৰ ৰে'লত গুচি যাম। আপুনি সেইখন ৰেলত মোৰ লগত যাব পাৰিব নেকি?

ঃ নাই নাই, আমি তাৰ এঘণ্টা পাছত যোৱা ৰেলত যাম।

ঃ আপোনাৰ যি ইচ্ছা। মই আপোনাৰ কাৰণে অপেক্ষা কৰি থাকিম। এতিয়া মই যাওঁ। আপোনাৰ লগত সাক্ষাৎ হোৱাৰ পাছত মোৰ ভয় বহু পৰিমাণে কমি গৈছে।

মিছ স্টোনৰ ওলাই যোৱাৰ পাছত হোমচে মোক ক'লেসকলো শুনাৰ পাছত, এই বিষয়ে তোমাৰ ৰায় কি?

ঃ বিষয়টো মাথোন জটিলেই নহয়, ভয় লগাও।

: ঘটনাৰ বিৱৰণ শুনি মোৰ ধাৰণা হৈছে, যে ডাক্তাৰ ৰাঁয়লটে নিজৰ সতীয়া কন্যাক বিবাহিতা অৱস্থাত চাব নুখুজে। সিহঁতৰ বিয়া বন্ধ কৰাৰ কাৰণেই হয়তো তেওঁ জীপ্‌চিসকলৰ হতুৱাই.……....

ঃ কিন্তু জীপচিসকলে এই বিষয়ে কেনেকৈ সহায় কৰিছে?

: এয়া মই জানিব লাগিব।

ঃ ক্ষমা কৰিব মিষ্টাৰ হোমচ, এই সমস্যা সমাধান কৰিবলৈ আপুনি যি দৃষ্টিকোণেৰে আগবাঢ়িব খুজিছে সেয়া মোৰ সঠিক যেন লগা নাই।

সঠিকতো মোৰো লগা নাই। কিন্তু ক'ৰবাৰ নহয় ক'ৰবাৰ পৰাতো আৰম্ভ কৰিব লাগিব.... কিন্তু এয়া কি?... এওঁ কোন মহাশয় ?

দুৱাৰ মুখত এজন ওখ-পাখ মানুহ থিয় দি আছিল। দেখাত তাক এজন দুষ্ট প্ৰকৃতিৰ মানুহ যেন লাগি আছিল আৰু দুষ্টৰ ভাষাতে সি সুধিলে- তোমালোক দুজনৰ ভিতৰত হোমচ্ কোন?

ঃ মই মহাশয় ! হোমচে তাৰ আগত মূৰ দোঁৱাই নিজৰ পৰিচয় দি সুধিলে- মহাশয়, আপোনাৰ পৰিচয় ?

: মই ডাক্তাৰ ৰাঁয়লেট।

: অনুগ্ৰহ কৰি ভিতৰলৈ সোমাই আহি বহক, ডাক্তাৰ।

নাই নাই, ইয়ালৈ মই বহাৰ কাৰণে অহা নাই। মই জানিব পাৰিছো, যে মোৰ সতীয়া কন্যা স্টোনৰ আপোনাৰ লগত সাক্ষাৎ কৰিবলৈ

আহিছিল। মই জানিব বিচাৰোঁ, তাই কি সম্বন্ধ লৈ আপোনাৰ লগত সাক্ষাৎ কৰিবলৈ আহিছিল, আৰু তাই আপোনাক কি কৈ গৈছে?

: আজি বৰ ঠাণ্ডা, ডাক্তাৰ !

বদমাচ! মই আগতেই জানিছিলো যে, তই এই বিষয়ে একোকে নকবি। আগন্তুকে হোমচক গালি পাৰিবলৈ ধৰিলে।

হোমছে কলে- আপুনি সঁচাকৈয়ে বৰ খোলা অন্তৰৰ মানুহ, ডাক্তাৰ। যোৱাৰ আগতে অনুগ্ৰহ কৰি দুৱাৰখন জপাই যাব।

মই এনেয়ে নাযাওঁ, মিস্টাৰ হোমচ। মই তোমাক সাৱধান কৰি দিবলৈ আহিছো যে, তুমি মোৰ বিষয়ে হস্তক্ষেপ নকৰিবা, নহ'লে ভাল নহ'ব। মই যিমান ভাগ্যশালী, সিমানেই ভয়ংকৰ। মোৰ ৰাস্তাত যিজনে বাধা হৈ আহে, মই তাকে আচাৰ বনাই পেলাওঁ।

ডাক্তাৰ ৰাঁয়লেট গুচি যোৱাৰ পাছত হোমচে মোক ক'লে- চালানে, কিমান ভাল আৰু ভদ্ৰ মানুহ! মানুহজনৰ ব্যৱহাৰলৈ চাই, এই কেচটো হাতত লোৱাৰ কাৰণে মোৰ ইচ্ছা অধিক তীব্ৰ হৈ উঠিছে। কিন্তু সি মিছ স্টেনোৰক উত্তেজিত নকৰেতো! বাৰু, এতিয়া আমি জলপান কৰি ডাক্তাৰৰ গাঁৱলৈ যোৱাৰ কাৰণে সাজু হোৱা উচিত। তালৈ যোৱাৰ আগতে এই কেচ সংক্ৰান্তত জৰুৰী সোধা-মেলাৰ কাৰণে মই এঘণ্টাৰ বাবে বাহিৰলৈ ওলাই যাব লাগিব।

আধা ঘণ্টা পাছত উভতি আহি হোমচে মোক ক'লে- মই মিছ স্টেনোৰৰ মাকৰ ইচ্ছাপত্র (উইল) মনযোগেৰে পঢ়িলো, যি সম্পত্তিৰ আয়ৰ পৰা তাই বছৰি এহেজাৰ পাউণ্ডকৈ লাভ কৰিছিল, তাৰ মূল্য কম হৈ যোৱাৰ কাৰণে বর্তমান বছৰি আয় ৭৫০ পাউণ্ডলৈ হ্ৰাস পাইছে। ইচ্ছাপত্র অনুসৰি বিয়াৰ পাছত প্ৰতিজনী ছোৱালীয়ে বছৰি ২৫০ পাউণ্ডকৈ পোৱাৰ কথা। যদি উভয় ছোৱালীৰ বিয়া হৈ যায় তেনেহ'লে ডাক্তাৰ ৰাঁয়লটে মাথোন ২৫০ পাউণ্ডহে পাব। গতিকে ইয়াৰ পৰা কেচটোৰ কিছু কথা স্পষ্ট হৈ পৰিছে।

প্রায় দুইমান বজাত আমি মিছ স্টেনোৰহঁতৰ গাঁৱৰ ষ্টেচন গৈ পালো। যত মিছ স্টেনোৰ তাইৰ দেউতাকৰ লগত বাস কৰে। স্টেচনৰ বাহিৰলৈ ওলাই আমি এখন টেক্সি ললো আৰু ড্ৰাইভাৰক ডাক্তাৰৰ নিৱাসস্থল স্টাফ মেনোৰলৈ যাবলৈ ক'লো।

ড্রাইভাৰে আমাক এটি কেঁচা ৰাস্তাত নমাই দি ক'লে-চাওঁক, সন্মুখতে স্টাফ মেনোৰ, এই কেঁচা ৰাস্তা আপোনালোকে খোজ কাঢ়িয়ে যাব

লাগিব, কিয়নো মই তালৈ টেক্সি লৈ যাব নোৱাৰিম। সৌযে মহিলাজনী গৈ আছে, তাই স্টাফ মেনোৰতে থাকে। আপোনালোক তাইৰ পিছে পিছে যাওঁকগৈ।

আমি দেখিলো, সেই মহিলাজনী আন কোনো নহয়, মিছ স্টেনোৰহে।

মিছ স্টেনোৰ আমাক দেখি আনন্দিত হল। তাই ক'লে- ডাক্তাৰ ৰাঁয়লেট এতিয়া চহৰতে আছে আৰু বহু পলমকৈ উভতিব। তাৰ লগত আপোনালোকৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা খুবেই কম।

আজি ৰাতিপুৱাই তাৰ লগত আমাৰ সাক্ষাৎ হোৱাৰ সৌভাগ্য হৈছে। হোমচে মিচিকিয়াই হাঁহি কলে। ইয়াৰ পাছত হোমচে ডাক্তাৰ তেওঁলোকৰ তালৈ যোৱা আৰু তাৰ লগত হোৱা কথা-বতৰাৰ বিষয়ে বিৱৰি ক'লে।

স্টাফ মেনোৰ খুবেই পুৰণি অট্টালিকা। তাৰ এটা অংশ প্রায় ধ্বংসপ্রাপ্ত হৈ গৈছে। বেলেগ অংশও বেয়া হৈ গৈছে। এই অংশত অৱস্থিত বেডৰোম চোৱাৰ আগতে হোমচে ঘাঁহনিৰে ভৰা মুকলি ঠাই (লন)আৰু সেইফালে খোলা খিড়িকীবোৰ মনযোগেৰে নিৰীক্ষণ কৰিলে। মিছ স্টেনোৰৰ কোঠালি মেৰামতৰ কাৰণে এটি সৰু মাচিয়া পাতি থোৱা আছিল; কিন্তু তাত কোনো বস্তু বা মজদুৰৰ নাম গোন্ধ নাছিল। কোঠালিটো নিৰীক্ষণ কৰি হোমচে ক'লে- তেনেহ'লে আপুনি ইয়াতে শুইছিল!

জুলিয়াৰ কোঠালিলৈ গৈ আমি দেখিলো, তাৰ ছাদ অপেক্ষাকৃত কিছু চাপৰ। কোঠালিটোৰ এটা কোণত কেবাটাও ড্ৰয়াৰ বিশিষ্ট এটা আলমাৰি। দুখন সাধাৰণ চকীৰ বাহিৰে কোঠালিটোত কোনো ফাৰ্নিছাৰ নাছিল। কোঠালিটোৰ মাজত এখন পুৰণি দলিচা পাৰি থোৱা আছে। দেৱালত লগোৱা কাঠৰ পেইণ্টিং প্রায় জহি-খহি গৈছে।

পালেঙৰ কাষত এটি ঘণ্টা মোটা ৰচীৰে এনেকৈ সংস্থাপিত কৰি থোৱা আছিল যাতে শুই শুই সহজতে বজাব পৰা যায়।

হোমচে হাতত লেন্স লৈ কোঠালিটোৰ সকলো বস্তু পালেং, চকী তথা আলমাৰি তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিলে।

মিচ স্টোনৰ আশ্চৰ্যচকিতভাবে ঘণ্টাৰ ফালে চালে। ঘণ্টাটো কোনো তাঁৰেৰে সংযোগ কৰা নাছিল। তেতিয়াই তাই হোমচক কোৱা শুনিলে- এই ৰচীডাল ছাদত এটা মোটা হুকৰ লগত বন্ধা আৰু হুকটো ঠিক বাতায়ন(ভেণ্টিলেটৰ) খোলা স্থানৰ ওপৰত সংস্থাপিত।

মই ৰছীডাল কেতিয়াও হুকৰ লগত বান্ধি থোৱাটো লক্ষ্য কৰা নাছিলো আৰু এই হুক্‌টো মই প্ৰথমবাৰৰ কাৰণে প্রত্যক্ষ কৰিছো।' মিছ স্টেনোৰে ক'লে।

ময়ো প্ৰথমবাৰৰ কাৰণে এনেকুৱা কোঠালি প্রত্যক্ষ কৰিছো, যাৰ বাতায়ন বাহিৰৰ ফালে খোলাৰ পৰিৱৰ্তে কোনো বেলেগ কোঠালিৰ ফালে খোলে। হোমচে কলে- আৰু বাতায়নটো নতুনকৈ লগোৱা যেন ধাৰণা হৈছে।

ঃ ঘণ্টাটো ফিট কৰাৰ সময়ত বাতায়নটো লগোৱা হৈছে।

যিজনে এইবোৰ কৰিছে, সি বহুত বিচাৰ-বিবেচনা কৰি বিশেষ উদ্দেশ্য লৈ কৰিছে। সেইবোৰ এৰক, এতিয়া আপোনাৰ দেউতাকৰ শোৱনি কোঠালিলৈ বলক।

ডাক্তাৰ ৰাঁয়লেটৰ শোৱনি কোঠালি জীয়েকহঁতৰ কোঠালিতকৈ ডাঙৰ। পালেঙৰ লগত লাগি থকা এটা আলমাৰি কিতাপেৰে ঠাহ খাই আছিল। কিতাপৰ অধিকাংশই কাৰু-শিল্প সম্বন্ধীয়। ফাৰ্ণিছাৰ অধিক নাছিল, কিন্তু এটা কোণত ৰখা এখন শ্বেলফে হোমচৰ দৃষ্টি আকর্ষণ কৰিলে। তেওঁ মিছ স্টোনৰক সুধিলে- শ্বেলখনত ডাক্তাৰে কি ৰাখে?

: নিজৰ জৰুৰী কাগজপত্র।

: তেনেহ'লে শ্বেলফ্ৰ ওপৰত গাখীৰৰ পিয়ালা কিয় ৰখা হৈছে, কওঁকচোন?

ঃ নাজানো, ঘৰখনততো চিতাবাঘ আৰু বান্দৰৰ বাহিৰে বেলেগ কোনো জন্তু নাই। মিছ স্টোনৰে বিস্মিত কণ্ঠত কলে।

এই গাখীৰ বান্দৰৰ কাৰণেও নহয়, চিতাৰ কাৰণেও নহয়। কিন্তু প্রশ্ন উদয় হয়, তেনেহ'লে কাৰ বাবে! হোমচে এই প্রশ্ন নিজকে নিজে কৰিলে আৰু ডাক্তাৰৰ পালেঙৰ ওপৰত বহি বহু সময় চিন্তামগ্ন হৈ পাৰ কৰিলে। মাজে মাজে তেওঁ বাতায়নৰ ফালে দৃষ্টি বুলাবলৈ ধৰিলে।

কোঠালিৰপৰা বাহিৰলৈ ওলাই আহি হোমচে প্রায় আধা ঘণ্টামান মনে মনে কিবা চিন্তা কৰিলে।

মই আৰু মিচ স্টোনৰ, উভয়ে তেতিয়া ভূত হৈ থাকিলোপাছত হোমচে মিছ স্টোনৰক উদ্দেশ্য কৰি কলে- এতিয়াপৰা মই যেনেকৈ কওঁ, তেনেকৈ কৰিব, নহ'লে…….আপোনাৰ জীৱন লৈ বিপদ উৎপন্ন হব।

ঃ আপুনি যেনেকৈ ক, মই ঠিক তেনেকৈয়ে কৰিম।

প্রথম কথা হ, আপুনি আগতে শোৱা কোঠালিত আজি আমি দুয়ো শুম।

আমাক বিস্মিত অৱস্থাত দেখি তেওঁ ক'লে- মোৰ কথা মনযোগেৰে শুনক। এইখন গাঁৱত ক্ৰাউননামৰ যিখন চৰাইখানা আছে, তাৰপৰা জুলিয়াৰ কোঠালিৰ খিড়িকীখন স্পষ্টভাবে দৃষ্টিগোচৰ হয়। আপুনি মূৰৰ বিষৰ ভাও জুৰি আজি জুলিয়াৰ কোঠালিতে থাকিব আৰু বাহিৰৰপৰা কোনোবাই ইংগিতত মাতিলে ওলাই নাযাব। লেমটো খিড়িকীৰ কাষত এনেকৈ ৰাখিব যাতে চৰাইখানাৰপৰা স্পষ্টভাবে আমাৰ চকুত পৰে। আপুনি মাজনিশাৰ আগতে নিজৰ আচল কোঠালিলৈ আহি শুই পৰিব।

ঃ আৰু ইয়াৰ মাজত আপোনালোক দুয়ো কত থাকিব?

ঃ আমি প্ৰথমতে চৰাইখানাত থাকিম আৰু আপুনি জুলিয়াৰ কোঠালিৰপৰা ওলাই অহাৰ পাছত আমি দুয়ো আহি জুলিয়াৰ কোঠালিত শুম

আৰু জানিবলৈ যত্ন কৰিম যে, সুহুৰিৰ শব্দ কৰপৰা আহে।

: আপুনি এনেকুৱা কোনো সূত্ৰ পাইছে নেকি, যাৰ আধাৰত আপুনি মোৰ ভনীৰ মৃত্যুৰ কাৰণ অনুমান কৰিব পাৰে?

ঃ মই এই সন্দৰ্ভত বর্তমান একো কব নোৱাৰিম, কিন্তু নিৰ্ভৰযোগ্য প্ৰমাণ পোৱাৰ পাছত মৃত্যুৰ কাৰণ জানিব পৰা যাব আৰু তেতিয়া আপোনাক সকলো কথা কৈ দিম, আপুনি সুধিব নালাগে। এইদৰে সমিধান দি হোমচে মিছ স্টেনোৰক কিছু নির্দেশ দিলে। ক্রাউন চৰাইখানাত মোৰ আৰু হোমচৰ বাবে এনেকুৱা কোঠালি সহজে পোৱা গ', ৰপৰা মিছ স্টোনৰৰ কোঠালিৰ লেম ভালদৰে আমাৰ চকুত পৰে। তাত চকীত বহি আমি দুয়ো লেমৰ পোহৰ প্ৰত্যক্ষ কৰিবলৈ ধৰিলো।

প্ৰায় নমান বজাত জুলিয়াৰ কোঠালিৰ লেম নুমাই গ'ল আৰু স্টাফ মেনোৰৰ চৌদিশে এন্ধাৰ ঘণীভূত হল.... এঘাৰ বজাতসেই লেম পুনৰ প্রকাশিত হোৱা দেখা গ', এয়া জুলিয়াৰ কোঠালিৰপৰা মিছ স্টেনোৰ নিজৰ শোৱনি কোঠালিলৈ যোৱাৰ সংকেত আছিল।

আমি দুয়ো চৰাইখানাৰপৰা মনে মনে স্টাফ মেনোৰৰ ফালে আগবাঢ়িবলৈ ধৰিলো।

স্টাফ মেনোৰলৈ আহি জুলিয়াৰ কোঠালিত প্ৰৱেশ কৰিবলৈ আমাৰ কোনো অসুবিধা নহল। ভিতৰত প্ৰৱেশ কৰিয়ে হোমচে মোৰ কাণৰ ঘুৰিলৈ মুখ আনি ফুচফুচাই ক'লে- ৰিভলভাৰ উলিয়াই হাতত লৈ লোৱা। কেতিয়াবা প্রয়োজন হব পাৰে। মোৰ হাতত এইডাল বেত আছেই, ইয়াৰে মোৰ কাম চলি যাব।

হোমচৰ নিৰ্দেশ অনুসৰি মই ৰিভলভাৰ উলিয়াই মেজৰ ওপৰত ৰাখিলো। আমি দুয়ো মনে মনে কিবা ঘটনা ঘটাৰ প্ৰতীক্ষাত অপেক্ষা কৰিবলৈ ধৰিলো।

হঠাৎ হোমচ ঘণ্টাৰ কাষলৈ গৈ ঘণ্টাটো ভালদৰে নিৰীক্ষণ কৰি ক'লে- এই ঘণ্টাটো মাথোন দেখুৱাৰ কাৰণেহে ইয়াত ৰাখিছে যেন লাগিছে। ৰছীত বন্ধা আছে যদিও কোনো তাঁৰৰ লগত সংযোগ নাই, তেনেহ'লে বাজিব কেনেকৈ?

প্রায় তিনি ঘণ্টা পাছত আমাৰ অপেক্ষাৰ অন্ত পৰিল।

হোমচে মোৰ ধ্যান বাতায়নৰ ফালে আকৰ্ষিত কৰিলে, ত ক্ষণিকৰ বাবে চাকিৰ পোহৰৰ দৰে কিবা এটা জিলিকি উঠা দেখা গ'ল আৰু নাজানো খন্তেক পাছতে ক'ৰবাত বিলীন হৈ গ'ল। ইয়াৰ খন্তেক পাছতে তেল পোৰা আৰু ধাতু গৰম হোৱাৰ দৰে গোন্ধ আহি নাকত লাগিল। এই গোন্ধ ক্রমশঃ তীব্ৰতৰ আৰু অসহ্যবোধ হবলৈ ধৰিলে। খন্তেক পাছত কেতলিৰপৰা ওলোৱা ভাপৰ শব্দৰ লগত সাদৃশ্য থকা শব্দ শুনা যাবলৈ ধৰিলে। এই শব্দ শুনাৰ লগে লগে হোমচে দিয়াচলাইৰ কাঠি জ্বলাই বেতডাল হাতত ল'লে আৰু ঘণ্টাটোত বন্ধা ৰছীডাল যৰ পৰা পালঙেৰ কাষলৈ আহিছে সেই স্থানত জোৰে জোৰে কোবাবলৈ ধৰিলে। খন্তেকৰ কাৰণে সুহুৰিৰ শব্দ শুনা গ, পাছত নাজানো কত অদৃশ্যহৈ গ'ল।

হঠাৎ হোমচে বেতেৰে কোবাবলৈ বন্ধ কৰিলে আৰু বাতায়নৰ ফালে চাবলৈ ধৰিলে। কিছু সময় পাছত এক খুবেই ভয়ানক চিঞৰৰ শব্দ শুনা গ'ল। ভয়, ক্ৰোধ আৰু কষ্টেৰে ভৰা চিঞৰ। মই হোমচক সুধিলো- এনেকৈ কোনে চিঞৰি আছে?

গৈ নিজেই চাই লোৱাগৈ। বলা, ডাক্তৰৰ শোৱনি কোঠালিলৈ৷ ৰিভলভাৰ হাতত ৰাখিবা। হোমচে কলে।

ডাক্তৰৰ শোৱনি কোঠালিত যি ভয়ানক দৃশ্য দেখিবলৈ পালো, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰিম। এটা লেম, যাৰ এটা ফাল কলা পৰি আছিল আৰু আনটো ফালৰপৰা শ্বেলফৰ ওপৰত তীব্ৰ ৰশ্মি বিতৰণ কৰি জ্বলি আছিল। ডাক্তাৰ এখন চকীত অচেতন হৈ পৰি আছিল আৰু তাৰ শূন্য আৰু চেতনাহীন চকু ছাদৰ ফালে নিৱদ্ধ হৈ আছিল। তাৰ মূৰত এটি ফুটফুটীয়া পটি বন্ধা আছিল।

কিন্তু কাষলৈ যোৱাৰ পাছত মই দেখিলো যে, পটি লৰচৰ কৰি আছে। হোমচে মোক পিছফালে আকৰ্ষণ কৰি ক'লে- সেয়া ফুটফুটীয়া পটি নহয়, সেইডাল হিন্দুস্থানৰ এক প্ৰকাৰ বিষাক্ত সাপহে। এইডাল সাপে দংশন কৰা ব্যক্তি দহ ছেকেণ্ডৰ অধিক জীয়াই নাথাকে। ডাক্তৰে নিজৰ সতীয়া কন্যাৰ কাৰণে যি গাঁত খান্দিছিল, সি স্বয়ং তাত পৰি গৈছে।

পাছদিনা ৰেলত আহোঁতে হোমচে সম্পূর্ণ কাহিনী বিৱৰি ক'লে- যেতিয়ালৈকে মই সম্পূৰ্ণ তথ্যৰ সন্ধান পোৱা নাছিলো, মই জীপচিসকলকে জুলিয়াৰ মৃত্যুৰ কাৰণে দায়ী বুলি সন্দেহ কৰিছিলো। কাৰণ এটা সময়ত জীপচিসকলে ফুটফুটীয়া পটিৰ প্ৰয়োগ খুব কৰিছিল। পাছত যেতিয়া সমগ্ৰ তথ্য উদ্ঘাটন হ, তেতিয়া মোৰ বিশ্বাস উপজিল যে, হত্যা বাহিৰৰপৰা প্ৰযুক্ত কোনো সাধনৰপৰা কৰা হৈছে আৰু সাধন বাতায়নৰ জৰিয়তে ৰছীৰ সহায়ত কোঠালিৰ অভ্যন্তৰত প্ৰৱেশ কৰে। তেতিয়াই মোৰ মনত সাপৰ খেয়াল আহিল। ডাক্তাৰ চিতাবাঘ আৰু বান্দৰৰ চৌখীন। সি এটা সময়ত ভাৰতত আছিল। গতিকে সি ভাৰতৰপৰা সাপ অনাটো বিশেষ টান কাম নাছিল। কাৰোবাক গুলীয়াই বা আন প্ৰকাৰে হত্যা কৰাতকৈ, সাপৰ জৰিয়তে দংশন কৰোৱাই হত্যা কৰাটো অধিক সহজ আৰু স্বাভাৱিক ধৰণৰ লগা কাম। ঘণ্টাত বন্ধা ৰছীৰ সহায়ত সাপ তললৈ পঠিয়াই পালেঙত শুই থকা ব্যক্তিক দংশন কৰাৰ পাছত তাক পুনৰ কাষলৈ মাতি নিয়াৰ কাৰণে ডাক্তৰে শ্বেলফৰ ওপৰত গাখীৰৰ পিয়ালা ৰাখিছিল৷ সি সাপক যি প্রশিক্ষণ দিছিল, সেই অনুসাৰে সাপটো বাতায়নেৰে প্ৰৱেশ কৰি হুকৰ লগত বন্ধা ৰছীলৈকে আহিছিল আৰু তাৰ পৰা ৰছীৰে বগাই পালেঙত শুই থকা ব্যক্তিৰ শৰীৰলৈ আহিছিল। ধাতু বজোৱাৰ শব্দ তেতিয়া হৈছিল, যেতিয়া সি সাপটোক শ্বেলত বন্ধ কৰিছিল। মই যেতিয়া ডাক্তাৰৰ এই চালৰ বিষয়ে অনুমান কৰিব পাৰিলো, তেতিয়া সাপটোক ভয় খুৱাই যৰ পৰা আহিছিল তালৈ ওভতাই পঠিওৱাটো মোৰ কাৰণে খুবেই সহজ হৈ পৰিছিল।


                                                   হাত

                                               মূল- মোপাচা

                জজ মহোদয়ে এক অপৰাধ কাণ্ডৰ ৰায় ঘোষণা কৰি আছিল আৰু নিজৰ মতৰ সমৰ্থনত তেওঁ প্রমাণো প্ৰস্তুত কৰি আছিল, কিন্তু সেই প্ৰমাণৰ আধাৰত চুড়ান্ত ৰায় ঘোষণা কৰাটো কঠিন যেন প্ৰতীয়মান হৈ আছিল । পেৰিচৰ মহিলাসকল এই কাণ্ডৰ দ্বাৰা খুবেই ভীত আছিল। সেয়ে বিশেষভাবে মহিলাসকলে মনযোগ দি কথাবোৰ শুনি আছিল ৷

                মোৰ জীৱনতে এনেকুৱা কাণ্ড সংঘটিত হৈ গৈছে, যাৰ ৰহস্য কোনোদিনে উদ্‌ঘাটন হোৱা নাই। ফলত আমি বাধ্য হৈ সেয়া পাহৰি থাকিব লগা হৈছে।

                বাৰু, তেনেহ'লে সেই বিষয়ে আমাক কওঁক। আটাইকেইজনী মহিলাই সমস্বৰে কৈ উঠিল। মই তেতিয়া আজাকিয়াত মেজিষ্ট্রেট হিচাপে কৰ্মৰত আছিলো। তাত অহা অধিকাংশ গোচৰে প্রতিশোধমূলক ভাৱনাৰ লগত সম্পর্কিত আছিল। প্রতিশোধৰ সেই জুই কেতিয়াবা ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, যে মাথোম বংশই নহয়, কেতিয়াবা কেতিয়াবা সেই জুয়ে সম্পূর্ণ বস্তীয়ে ধ্বংস কৰি পেলাইছিল। বংশ পৰম্পৰাত চলি অহা এই প্রতিশোধৰ ভাৱনাই নিৰ্দোষ ব্যক্তি, বুঢ়া, 'ৰা-ছোৱালী আৰু মহিলাক মৃত্যুমুখত পেলাইছিল। প্রতিশোধৰ এনেকুৱা ঘটনা চহৰখনত প্রতিদিনে সংঘটিত হৈছিল।

                এদিন কোনোবা এজনে মোক এজন ইংৰাজৰ বিষয়ে কলে। তেওঁ উপসাগৰৰ পাৰত বঙলা ভাড়াত লৈ এজন ফ্ৰেন্স চাকৰৰ সৈতে বসবাস কৰিছিল। তেওঁ কেতিয়াও চহৰলৈ যোৱা নাছিল আৰু নিজৰ অৱসৰ সময়খিনি নিচানাবাজী আৰু মাছ ধৰি পাৰ কৰিছিল। মানুহে তেওঁৰ বিষয়ে তৰহ তৰহৰ কথা অনুমান কৰিছিল ৷ কোনোবা কোনোবাই তেওঁক পলৰীয়া অপৰাধী বুলি কৈছিল। কিছুমানে আকৌ কৈছিল যে, তেওঁ ব্ৰিটেইনৰ এজন ডাঙৰ নেতা আৰু ৰাজনৈতিক কাৰণতে তাৰ পৰা পলাই আহিবলৈ বাধ্য হৈছে। আটায়ে তেওঁক ছাৰ জন ৰাঁবেল বুলি সম্বোধন কৰিছিল। তেওঁৰ লগত কথা পতাৰ অৱসৰ মই তেতিয়াহে পাইছিলোঁ, যেতিয়া মই তেওঁৰ চকুৰ সন্মুখতে এটি ডৰিক চৰাই মাৰিছিলো । তেওঁলৈ সেই মৃত ডৰিক চৰাই আগবঢ়াই মই ক্ষমা প্রার্থনা কৰিছিলো । তেওঁ সেই ক্ষমা প্রার্থনা খুবেই বিনম্ৰতাৰে স্বীকাৰ কৰিছিল যদিও বিশেষ কথা পতা নাছিল। তেওঁ এগৰাকী থুলন্তৰ আৰু প্ৰফুল্লচিত্ত মানুহ আছিল, কিন্তু নিজৰ বিষয়ে খোলাখুলিভাবে কথা পতিবলৈ সংকোচ কৰিছিল । তেওঁ সংকোচ কৰা সত্ত্বেও মই তেওঁ ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলো । এদিন মই তেওঁৰ বঙলাৰ আগেদি যাওঁতে তেওঁক বাগানত বহি পাইপ হুপি থকা দেখিলো। ম‍ই তেওঁক হাত জোকাৰি অভিবাদন কৰাত তেওঁ মোক ভিতৰলৈ মাতি নি বিয়েৰ খাবলৈ আমন্ত্ৰণ জনালে মই কোনো সংকোচ নকৰাকৈ সেই আমন্ত্ৰণ স্বীকাৰ কৰিলো। বিয়েৰ খাই থাকোঁতে তেওঁ মোক কলে যে, তেওঁ বহুদিনৰ পৰা ফ্ৰান্স আৰু কোশিয়াত ৰৈ আছে আৰু এই দুই দেশ তেওঁৰ খুব ভাল লাগে।

                আপুনি বিশ্বৰ কোন কোন দেশ ভ্ৰমণ কৰিছে? মই সুধিলো।

                ভাৰত আৰু আমেৰিকাৰ বাহিৰেও মই আফ্ৰিকাৰ লগত ভালদৰে পৰিচিত । তেওঁ বৰ ভদ্রভাবে কথাকেইটা কৈ মিচিকিয়া হাঁহি মাৰি ক'লে- এইসমূহ দেশত মই মৰসাহসী হৈ উঠিছিলো।

                কিন্তু সেই মৰসাহসী কামৰ বিষয়ে তেওঁ একোকে নকলে। হয়, এয়া অৱশ্যে ক'লে যে, হাতী, গেৰিলা আৰু জলহস্তী চিকাৰ কৰাটো তেওঁৰ খুব পচন্দ।

                এই হিংস্ৰ জানোৱাৰবোৰ চিকাৰ কৰিবলৈ আপোনাৰ ভয় নালাগেনে? মই সুধিলোঁ। নালাগে। কিন্তু মোৰ অনুভৱৰ পৰা ক'ব পাৰোঁ যে, মানুহতকৈ ভয়ানক প্রাণী এই পৃথিৱীত নাই। এইদৰে কৈ তেওঁ জোৰে হাঁহি মাৰিলে । পাছত তেওঁ হাথিয়াৰৰ বিয়য়ে ক'বলৈ ধৰিলে আৰু মোক সেই স্থান দেখুৱালে য'ত তেওঁ হাথিয়াৰ ৰাখিছিল। হাথিয়াৰ দেখুৱাৰ সময়ত তেওঁ মোক ইয়াকে কৈ চক্ খুৱাই দিলে যে, এইবোৰ হাথিয়াৰেৰে তেওঁ হিংস্ৰ জন্তুৰ বাহিৰেও হিংস্ৰ মানুহো হত্যা কৰিছে। কিন্তু স্বভাৱজাতভাবেই তেওঁ মানুহ চিকাৰৰ বিষয়ে একোকে নক'লে ৷ আমি যিটো হলত বহি কথা পাতি আছিলো, তাত কলা ৰেচমৰ এটি পৰ্দা আছিল ৷ পৰ্দাটোৱে বাৰে বাৰে মোৰ ধ্যান আকৰ্ষণ কৰি আছিল। পৰ্দাটোত সোণালী আখৰেৰে কিছু ফুল অংকন কৰা আছিল ।

                কিন্তু মোৰ ধ্যান ফুলৰ ওপৰত নহয়, পৰ্দাৰ ওপৰত আঁৰি থোৱা এক পৰিষ্কাৰ-পৰিচ্ছন্ন কংকালৰ হাতৰ ওপৰতহে কেন্দ্ৰিত হৈ আছিল। হাতখন লোৰ শিকলিৰ দ্বাৰা পৰ্দাৰ ওপৰত বান্ধি থোৱা আছিল ।

                এই হাতখন কাৰ? মই সুধিলো ৷

                এইয়া মোৰ আটাইতকৈ হিংস্ৰ বন্ধুৰ হাত। এওঁক মই আমেৰিকাৰ পৰা আনিছিলো। ম‍ই এটি তৰোৱালেৰে হাতখন তেওঁৰ দেহৰ পৰা বিচ্ছিন্ন কৰিছিলো। তাৰ পাছত চকমকি পাথৰেৰে ছাল এৰুৱাই হাতখন মই এসপ্তাহমান ৰ'দত শুকাইছিলো।

                হাতখন দেখি মোৰ এনেকুৱা অনুমান হ', যেন হাতখন অসাধাৰণভাবে এজন শক্তিশালী মানুহৰ হাত। কংকালৰ ৰূপতেই এজন মানুহক আচৰিত কৰাৰ কাৰণে যথেষ্ট আছিল হাতখন। তৰোৱালেৰে হাতখন বিচ্ছিন্ন কৰাৰ সময়ত ছাৰ ৰাঁবেলৰ মনত প্রতিহিংসাৰ জুই কেনেকৈ জ্বলিছিল মই কল্পনা কৰিবলৈ ধৰিলো।

                মই ক'লো- মানুহজন নিশ্চয় খুব শক্তিশালী আছিল ?

                ছাৰ ৰাঁবেলে শান্ত আৰু সংযত সুৰত ক'লে- কিন্তু ম‍ই তেওঁতকৈও অধিক শক্তিশালী বুলি প্রতিপন্ন হৈছিলো। হাতখন কটাৰ আগতে তেওঁৰ হাতখন মই লোৰ শিকলিৰে বান্ধি লৈছিলো, যিটো শিকলি এতিয়া আপুনি হাতখনত বন্ধা অৱস্থাত দেখি আছে।

                কিন্তু শিকলিৰে বন্ধাৰ কি প্ৰয়োজন আছিল ? মই সুধিলো ৷

                এই কাৰণত, যাতে সি পলাই নাযায়। শিকলিৰে বান্ধি নাখাৰিলে সি পলাই যাবলৈ চেষ্টা কৰিব পাৰিলেহেঁতেন। ছাৰ ৰাঁবেলে শান্ত সুৰত কলে ৷

                মই তেওঁৰ ফালে আশ্চর্যচকিতভাবে চালো ৷ মানুহজন বলিয়া, নে মোৰ লগত ধেমালি কৰিছে ! ইয়াৰ পাছতো মই তেওঁৰ লগত দুই তিনিবাৰ মিলিত হৈছোঁ।

                এবছৰ পাছত -

                নৱেম্বৰ এক ৰাতিপুৱা, মোৰ লগুৱাই আহি মোক টোপনিৰ পৰা জগাই ক'লে যে, ছাৰ ৰাঁবেলক কোনোবাই হত্যা কৰিছে।

                আধা ঘণ্টামান পাছত আৰক্ষী বিষয়া তেওঁৰ বঙলাত উপস্থিত হ'ল। তেওঁৰ ফ্ৰেন্স লগুৱা কান্দি আছিল। তাৰ ওপৰত আৰক্ষীৰ সন্দেহ উপজিল, কিন্তু সোধা-মেলাৰ পাছত সেই সন্দেহ দূৰ হ'ল। বহু চেষ্টাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰিলে।

                ছাৰ ৰাঁবেল হলৰ ভিতৰত মৃত অৱস্থাত তলমুখ হৈ পৰি আছিল। তেওঁৰ ফটাচিঙা কাপোৰ দেখি এনেকুৱা প্ৰতীয়মান হৈ আছিল যে, হত্যাকাৰীৰ লগত তেওঁৰ খুবেই ধ্বস্তাধ্বস্তি হৈছিল। আৰক্ষীৰ ডাক্তৰে মৃতদেহ পৰীক্ষা কৰাৰ পাছত ক'লে- কোনোবাই গল টিপি তেওঁক হত্যা কৰিছে। ওঁঠত পাঁচটা ছেদ কৰা হৈছে, ছেদবোৰ লোৰ ভেদক দাঁতেৰে কৰা যেন ধাৰণা হৈছে- সম্ভৱতঃ কোনো কংকালে তেওঁক গল টিপি হত্যা কৰিছে।

 

                ইয়াকে শুনি মই সিহঁৰিত হৈ উঠিলো। মই পৰ্দাৰ পিছ ফাললৈ গৈ খুজিবলৈ ধৰিলোঁ, ত কংকালৰ হাতখন লোৰ শিকলিৰে বন্ধা আছিল। কিন্তু হাতখন তাত নাছিল।

                ডাক্তৰে শৱৰ দাঁতৰ হাড়ৰ মাজত বিন্ধি থকা কটা আঙুলি বাহিৰ কৰিলে, যিটো অদৃশ্য হোৱা হাতখনৰে যেন অনুমান হৈ আছিল। কিন্তু হাতখন বঙলাৰ ক'তো নাছিল।

ফ্ৰেন্স লগুৱাজনে ডাক্তৰৰ ওচৰত যি বৰ্ণনা দিলে সেয়া বিস্ময়কৰ আছিল।

                সি ক'লে- বিগত এসপ্তাহৰ পৰা মালিক বহুত বিবুধিত পৰি থকা যেন দেখা গৈছিল। তেওঁৰ ওচৰত এই কেইদিন কেবাটাও পত্ৰ আহিছিল, যিবোৰ পত্ৰ পঢ়ি উঠি তেওঁ পুৰি পেলাইছিল। কেতিয়াবা কেতিয়াবা তেওঁ ৰাতি বিছনাৰ পৰা উঠি শিকলিৰে বন্ধা হাতখন হাণ্টাৰেৰে কোবাইছিল। তেওঁৰ হত্যাৰ পাছত নাজানো হাতখন ক'ৰবাত অদৃশ্য হৈ গৈছে।

                ছাৰ ৰাঁবেলে কোৱা কথাবোৰ মই আৰক্ষীৰ আগত ভাঙিপাতি ক'লো । আৰক্ষীয়ে সমগ্ৰ চহৰত হাতখন সন্ধান কৰিলে, কিন্তু কোনো সন্ধান উলিয়াব নোৱাৰিলে ।

                সেই দুৰ্ভগীয়া হাতখনে মোক এমাহলৈকে ভয় খুৱাই থাকিল। কেতিয়াবা কেতিয়াবা হাতখন দিনতো মোৰ চকুত পৰিবলৈ ধৰিলে। তিনি মাহ পাছত আৰক্ষীয়ে হাতখন ছাৰ ৰাঁবেলৰ কবৰৰ কাষত পৰি থকা দেখিলে। হাতখনৰ এটা আঙুলি অদৃশ্য আছিল।

                এয়াই আছিল সেই হাতখনৰ কাহিনী, ইয়াৰ বাহিৰে মই বিশেষ একো নাজানো ৷ মহিলা কেইজনীৰ অৱস্থা চাব লগা হৈছিল !

                কিন্তু সেই কাহিনী কেনেকৈ শেষ হ'ব পাৰে! এতিয়ালৈকে তো কোনে কেনেকৈ হত্যা কৰিছে সেই বিষয়ে সন্ধান ওলোৱা নাছিল ৷ মহিলাসকলৰ ফালৰ পৰা কোনোবা এজনীয়ে প্রশ্ন কৰিলে। মই এয়া জানিছিলো যে, হাতখনৰ গৰাকী মৰা নাছিল আৰু তেওঁ উভতি আহি অৱশিষ্ট হাতখনেৰে ছাৰ ৰাঁবেলৰ ওপৰত প্ৰতিশোধ লৈছিল। কিন্তু এইবোৰ কেনেকৈ সংঘটিত হৈছিল, সেয়া কোৱা মোৰ কাৰণে সম্ভৱ নাছিল ।

                এয়া কেনেকৈ হোৱা সম্ভৱ? মহিলা কেইজনীয়ে চিঞৰি সুধিলে।

                মই জানো, ম‍ই দিয়া কৈফিয়তত আপোনালোক সন্তুষ্ট নহ'ব। মেজিষ্ট্রেটে হাঁহি মাৰি ক'লে । মোৰ এই উত্তৰত মহিলাসকল মৌন হৈ পৰিল ।

 

                       গোনাহগাৰ (পাপী )

                                                                 মূল -হামিদ জৰ্বী

                পথাৰত ফাট মেলিছিল। ৰাস্তা-ঘাট, কুঁৱা, পুখুৰী সকলো শুকাই গৈছিল, সেমেকা মাটিৰ সুবাসৰ কাৰণে মানুহবিলাকে হাহাকাৰ কৰি আছে। ওৰেটো বছৰ মেঘ গৰজি আছে, কিন্তু বৰষুণ দিয়া নাই। সকলো মানুহৰ কণ্ঠত এষাৰে মাঠোন কথা, একেই প্রার্থনা- ইয়া ইলাহি, দয়া কৰা ৷ ইয়া ইলাহি বৰষুণ! ...পানী .... পানী...!

                সিদিনা আছিল শুক্রবাৰ। গাঁৱৰ মানুহে মৌলবী চাহাবৰ ভাষণ শুনি আছিল । তেওঁ কৈ আছিল- যেতিয়া পৃথিবীত খোলা-খুলিভাবে পাপ কর্ম সংঘটিত হৈ থাকে, তেতিয়া খোদাৰ শাস্তিৰ সন্মুখীন হ'ব লগা হয়। নিশ্চিতভাবে বস্তীত কিবা ডাঙৰ পাপ কৰ্ম সংঘটিত হৈছে।

                আমি আটায়ে পথাৰত সমবেত হৈ দোৱা প্ৰাৰ্থনাৰ লগতে কাকুতি মিনতি কৰা উচিত যে, ইয়া খোদা, আমাৰ গোনাহ মাফ কৰি দিয়ক। লগে লগে কি পাপ কৰা হৈছে সেয়া অনুসন্ধান কৰা উচিত। নিশ্চয় আমি এনেকুৱা কিবা আচৰণ কৰিছোঁ, যাৰ কাৰণে খোদা নাৰাজ হৈছে।

                হাজি চাহাব গাঁৱৰ সমিতিৰ অধ্যক্ষ আছিল, তেওঁ খুবেই নেক, সহানুভূতিশীল আৰু ঈশ্বৰপৰায়ণ মানুহ আছিল। তেওঁ সমিতিৰ সভা আহ্বান কৰিলে আৰু আটাইবিলাক মানুহক উদ্দেশ্য কৰি কলে, আপোনালোকে নিজৰ নিজৰ বস্তীত অনুসন্ধান কৰক, তাত কোনো দুশ্চৰিত্ৰ তিৰোতা মানুহ আছে নেকি! কাৰো ওপৰত কোনো ধৰণৰ জুলুম হোৱা নাইতো! শেষত এনেকুৱা কি কাৰণত সমগ্ৰ বস্তী জ্বলি উঠিছে। আটায়ে পাপ অনুসন্ধান কৰক। নিজেই নিজৰ পাপৰ সন্ধান কৰক। তাৰ পাছত পাছদিনা ক্ষমা প্ৰাৰ্থনা কৰক আৰু তাত আটাইবিলাক মানুহ চামিল হওঁক।

                ভাষণ প্ৰদান কৰি সন্ধিয়াৰ নামাজ পঢ়াৰ পাছত হাজি চাহাব ঘৰলৈ আহি জানিব পাৰিলে যে, তেওঁৰ সৰু ঘৈণীয়েক ঘৰত নাই। হাজি চাহাব এই ক্ষেত্ৰত খুবেই কঠোৰ আছিল ৷ ডাঙৰ ঘৈণীয়েকক বিয়া কৰাই ঘৰলৈ অনাৰ পাছত সম্ভৱতঃ কেতিয়াও হাকিমৰ ওচৰলৈ যোৱা নাছিল ৷ তাইৰ মৃত্যুৰ পাছত একমাত্র জানাযাৰ নামাজৰ কাৰণেহে তাইক ঘৰৰ পৰা বাহিৰলৈ ওলাই অনা হৈছিল।

                সৰু ঘৈণীয়েকৰ ওপৰতো একে নিষেধাজ্ঞা আছিল, যিবোৰ নিষেধাজ্ঞা ডাঙৰ ঘৈণীয়েকৰ ওপৰত আছিল। কিন্তু এইদৰে নুসোধা নেমেলাকৈ তাই আজি কলৈ গ'? হাজি চাহাবৰ খং উঠি গ'ল। তেওঁ জোৰে জোৰে তছবীহ(মালা)জপিবলৈ ধৰিলে । তেতিয়াই তেওঁৰ ডাঙৰ ল'ৰা, যিজন বহুদিনৰ পৰা চহৰত আছে, সিদিনাই সি গাঁৱলৈ আহিছিল, কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি কলে- মছজিদৰ পৰা আহিল নেকি, আব্বাজান ?

                এৰা, মন-মেজাজ ভাল নাছিল, সেই কাৰণে সোনকালে ঘৰলৈ গুচি আহিলো । কিন্তু সৰু মাৰা ক? কিয়, তাই নাজানে নেকি যে, আমাৰ ঘৰৰ মহিলাসকল বাহিৰলৈ ওলোৱা নিষেধ!

                আম্মীতো ঘৰতে আছে। এতিয়াই চোতালত আছিল.. নাই.....কোঠালিৰ ভিতৰত বহি বহি হয়তো আমনি লাগিছিল....মই গৈ চাই আছোঁ, ব সি কিছু সময় পাছত উভতি আহি ক'লে- আম্মী ছাদতে আছে.... প্ৰাৰ্থনা কৰি আছে।

                হাজি চাহাব আশ্বস্ত হ'ল। মালা জপি থকা আঙুলি কিছু মন্থৰ হ'ল। পুতেক তেওঁৰ ওচৰলৈ আহিল আৰু কাষত বহি ক'লে- আব্বা হুজুৰ, বস্তীবাসীয়ে হয়তো নতুন ফচলৰ সপোনে দেখি থাকিব লাগিব !

                আল্লাহই ৰহম কৰিব, আল্লাহই নিজৰ কৰ্ম কৰিব । হাজি চাহাবে আকাশৰ ফালে চাই এইদৰে কৈ তাৰপৰা উঠি গ'ল। চোতাললৈ অহাৰ পাছত ছাদত খটখট শব্দ হোৱা শুনিবলৈ পাই তেওঁৰ মালা জপ কৰা আঙুলি থামি গ'ল। তেওঁৰ সেই সময়ৰ কথা মনত পৰি গ', যেতিয়া ডাঙৰ বেগম স্বৰ্গলৈ গুচি গৈছিল। তেওঁৰ মন এইখন পৃথিৱীৰ প্ৰতি উদাসীন হৈ গৈছিল, কিন্তু ভাগ্যৰ লিখন কোনে খণ্ডাব পাৰে ! বেগমৰ চাল্লিছাৰ(মুছলমানসকলে মৃত্যুৰ চল্লিছ দিন পাছত কৰা সকাম পাছত তেওঁৰ আত্মীয়স্বজন আৰু বন্ধু-বান্ধৱসকল আহি ক'লে- ঘৰখনৰ চাকি পোহৰোৱাৰ কাৰণে কোনোবা নহয় কোনোবা এজনতো থাকিবই লাগিব

                মোৰ বয়স ষাঠি বছৰ হোৱাৰ বাটত। কোনে দিব মোক ছোৱালী? এইদৰে কৈ হাজি চাহাবে হাঁহি মাৰিলে ৷

                আপোনাৰ কাৰণে ছোৱালীৰ অভাৱ নহ', এবাৰ মাথোন সন্মতি দি চাওঁক। এজন বন্ধুই এইদৰে কৈ নিজৰ এজনী ষোল্ল বছৰীয়া অনাথ ভাইজীৰ বিষয়ে কলে।

                কথাষাৰ শুনাৰ পাছত এক অনামী অনুভূতিয়ে হাজি চাহাবৰ হৃদয়ত আলোড়ন তুলিলে আৰু তেওঁ বিয়াৰ বাবে সন্মতি প্ৰদান কৰিলে ৷

                বিয়াৰ পাছত নিজৰ স্ত্ৰী ৰেশমক দেখি হাজি চাহাব বিমোৰত পৰি গৈছিল ৷ তাই গাভৰু আৰু সুন্দৰী আছিল ৷

                আজান দিয়াৰ পাছত হাজি চাহাব মছজিদলৈ গ'ল আৰু আনোৱাৰ আহি ৰেশমৰ কাষত বহিল। সি তাইৰ লগত বহি ৰুটি সেকিবলৈ ধৰিলে। তাৰ সন্নিধ্যত ৰেশমে অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলে।

                ম‍ই ৰুটি বনাই দিওঁ? আনোৱাৰে সোধাৰ পাছত ৰেশমে হাঁহি মাৰিলে, কিন্তু আনোৱাৰৰ চকুৰ উত্তাপত তাইৰ শৰীৰ দেইপুৰি যাবলৈ ধৰিলে। তাই মাটিৰ দৰে জ্বলিবলৈ ধৰিলে।

                কিমান নিষ্ঠুৰ আছিল সেইসকল মানুহ যিসকলে এজনী চাহজাদীক এজন বৃদ্ধৰ গলত বান্ধি দিছে! আনোৱাৰে ভয়ে ভয়ে কলে। ৰেশমৰ চকুৰ পৰা লোতক বাগৰি আহিল। নিশ্বাস বন্ধ হোৱাৰ উপক্ৰম হোৱাত তাই তাৱাত পোৰা ৰুটি থৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পাছদিনা বস্তীবাসীয়ে খবৰ পালে যে, বস্তীত গোনাহগাৰক আটক কৰা হৈছে।

                ডাঙৰ মছজিদৰ কাষতে এটি খোঁটালী আছে, ত শাদী তাইৰ স্বামীৰে সৈতে বসবাস কৰে । তাইৰ স্বামী পক্ষাঘাতগ্রস্তপঙ্গু আছিল আৰু শাদী কঠোৰ পৰিশ্ৰম কৰি তাৰ ভৰণ-পোষণ কৰিছিল ।

                শাদীৰ পেট ওলাই অহা দেখি ধাইয়ে কলে- আঠমাহ চলিছে। আটায়ে শাদীক গোনাহগাৰ সাৱ্যস্ত কৰিলে। নিশ্চয় ই ক'ৰবাত মুখ কলা কৰিছে, নহ'লে এজন পক্ষাঘাতগ্রস্ত পঙ্গুই কেনেকৈ সন্তানৰ পিতা হ'ব পাৰে !

                শাদীয়ে বহু কন্দা-কটা কৰিলে, কিন্তু কোনেও তাইৰ কথাত কর্ণপাত নকৰিলে । বস্তীৰ সভ্রান্ত লোকসকলে সিদ্ধান্ত ল'লে, যে শাদীক বস্তীৰ পৰা উলিয়াই দি খোদাৰ ওচৰত ক্ষমাপ্রার্থনা কৰা যাওঁক।

                পাছদিনা ৰাতিপুৱা আটাইবিলাক মানুহ পথাৰত সমবেত হ'ল। তাত বস্তীৰ ল'ৰা-ছোৱালীও উপস্থিত আছিল। আটায়ে শাদীক বস্তীৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিলে। শাদীয়ে শোকাকুল নয়নেৰে আটাইৰে ফালে চালে আৰু নিজৰ পক্ষাঘাতগ্রস্ত পঙ্গু পতিক কোলাত তুলি লৈ কেঁকো- জেঁকোকৈ কেঁচা ৰাস্তাৰে গাঁৱৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ধৰিলে। বস্তীবাসীসকলে আকাশৰ ফালে চালে আৰু প্ৰাৰ্থনাৰ কাৰণে হাত তুলিলে।

                গাঁও এৰি যোৱা শাদী ৰাস্তাত বিন্দুৰ দৰে আটাইৰে দৃষ্টি গোচৰ হ'ল আৰু লাহে লাহে সেই বিন্দু অদৃশ্য হৈ পৰিল। তেতিয়াই চাওঁতে চাওঁতে পশ্চিম আকাশৰ পৰা এজাক কলা ডাৱৰ উৰি আহি গাঁৱখন ছানি ধৰিলে। বিজুলি চমকিল। ডাৱৰৰ গৰ্জনে চৌদিশ গৰ্গৰাই গ'ল ৷ মানুহবিলাকে ডাৱৰৰ দৰে এজনে আনজনৰ লগত আলিঙ্গন কৰি শুভকামনা জনালে । আটাইৰে মুখত মাথোন এষাৰ কথাই আছিল- পাপ বস্তীৰ পৰা ওলাই গ'ল আৰু মেঘ আহি গ'ল ৷

                আনন্দ মনেৰে ঘৰ আহি পাওঁতে হাজি চাহাবৰ ৰাতি হৈ গ'ল । তেওঁৰ কাপোৰ তিতা আছিল। ভিতৰলৈ যাওঁতে মেহেন্দীৰ জোপোহাৰ আঁৰৰ পৰা হাঁহিৰ শব্দ শুনিবলৈ পালে। লগতে চুৰীৰ শব্দ। লগতে কাপোৰৰ খচ্খচ্ শব্দ। তেওঁ ওভতা ভৰিত উভতি আহি চালিৰ তলত আহি বহি পৰিল। আকৌ উঠিল আৰু মেহেন্দীৰ জোপোহানিৰ কাষলৈ গৈ থিয় হৈ বৰষুণত তিতিবলৈ ধৰিলে

                দেউতাকক দেখি আনোৱাৰ চমকি উঠিল আৰু কাষলৈ আহি কলে- আজি বতাহ কেনেকুৱা সেমকো, আব্বাজান !

                হাজি চাহাবে ৰেশমৰ ফালে চালে। তাইৰ মুখমণ্ডলত সন্তোষৰ ছাপ জিলিকি আছিল, যেনেকুৱা সন্তোষ বৰষুণৰ পাছত গাঁৱলীয়াৰ মুখমণ্ডলত জিলিকি আছিল।*

 

                                 ডকাইত, স্বৰ্গ আৰু মকৰাৰ জাল

                                    মূল হিন্দী- আকুতা ভাৱা

                ভগবান বুদ্ধ স্বর্গত এটি সৰোবৰৰ পাৰত বিচৰণ কৰি আছিল। তেওঁ সৰোবৰৰ স্বচ্ছ পানীত দৃষ্টি নিক্ষেপ কৰি পানীৰ তলত নৰক দেখা পালে। নৰকত পাপীবোৰৰ আত্মাই যাতনা ভূগি আছিল । ভগবান বুদ্ধৰ চকু মৃত্যুৰ পাছত নৰকত পতিত হোৱা এজন ডকাইতৰ ওপৰত পৰিল, ডকাইতজনে যাতনা সহ্য কৰিব নোৱাৰি নিজৰ অংগ-প্ৰত্যংগ মোচৰি আছিল ৷

                নিজৰ জীৱন কালত ডকাইতজনে নাজানে কিমান মানুহক লুট্‌ কৰিছিল, কিমানক হত্যা কৰিছিল, কিমান মানুহৰ ঘৰত জুই লগাইছিল। কিন্তু সি এটি ভাল কামো কৰিছিল। এবাৰ ৰাস্তাত পৰি থকা এটি মকৰা ভৰিৰে মোহাৰিব খুজিও ৰৈ গৈছিল। মকৰাটোক সি জীৱিত এৰি দিছিল। ভগবান বুদ্ধৰ এই ঘটনা মনত পৰাৰ লগে লগে তেওঁ ভাবিলে যে, এই এটি ভাল কামৰ কাৰণে ডকাইতটোক নৰকৰ পৰা বাহিৰ কৰা উচিত । তেতিয়া তেওঁ সৰোবৰত পদুম ফুলৰ পাতত জাল গুঁঠি থকা স্বৰ্গৰ এটি মকৰাৰ ওপৰত চকুত পৰিল। তেওঁ মকৰাৰ সূতাডাল ধৰিলে আৰু সূতাডাল নৰকৰ ওপৰত ওলোমাই ধৰিলে।

                নৰকৰ আন্ধাৰত মকৰাৰ ৰূপোৱালী সূতা জিলিকি আছিল। ডকাইতটোৱে ওপৰৰ ফালে চোৱাৰ পাছত তাৰ চকু সূতাডালৰ ওপৰত পৰিল । তাৰ মুখমণ্ডলত বেদনাৰ সলনি সুখৰ অনুভূতি উদ্ভাসিত হৈ উঠিল। কাৰণ সি জানিছিল যে, সূতাডাল স্বৰ্গৰ পৰা তললৈ ওলমি আছিল ৷

                সি ভাবিলে, সূতাডালত ধৰি মই নৰকৰ পৰা বাহিৰলৈ ওলাই যাম। হয়তো মই ইয়াৰ সহায়ত নৰকৰ পৰা স্বৰ্গলৈকো যাম পাৰিম! তেতিয়া মই নৰকৰ যাতনাৰ পৰা চিৰদিনৰ কাৰণে সাৰি যাব পাৰিম ৷

                পাছমুহূৰ্ততে সি জাঁপ মাৰি সূতাডাল ধৰি পেলালে আৰু বগুৱা বাই লাহে লাহে ওপৰৰ ফালে উঠিবলৈ ধৰিলে। নৰক ইমানেই বিশাল আছিল যে, বহু সময় উঠাৰ পাছতো সি নৰকৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিলে। এটা সময়ত সি ইমানেই পৰিশ্ৰান্ত হৈ পৰিল যে, তাৰ কাৰণে আৰু ওপৰলৈ উঠা সম্ভৱ নাছিল। সি ভাবিলে যে, কিছু সময় আৰাম কৰাৰ পাছত আকৌ উঠিবলৈ চেষ্টা কৰিব। সি যি কোনো মূল্যৰ বিনিময়ত নৰকৰ পৰা ওলাই আহিব খুজিছিল। অৱশ্যে সি ইমানখিনি সন্তুষ্ট আছিল যে, নৰকৰ অতলতলিৰ পৰা বহুখিনি ওপৰলৈ উঠি আহিছে। সি তলৰ ফালে চালে, তলত ঘোৰ অন্ধকাৰ দেখা পালে। আকৌ সি ওপৰৰ ফালে চালে। সি দেখিলে যে, নৰকৰ পৰা বাহিৰলৈ যোৱা ৰাস্তা বৰ বেছি দীঘল নহয়। ফলত তাৰ দেহত নতুন উদ্যম সঞ্চাৰ হ'ল আৰু সি ওপৰৰ ফালে উঠাৰ কাৰণে প্ৰস্তুত হৈ নিজকে নিজে কলে- এতিয়া মই বাচি যাম, নিশ্চয় বাচি যাব পাৰিম ৷

                সেই সময়ত সি লক্ষ্য কৰিলে যে, বহুতো পাপী সূতাডালত ধৰি তলৰ পৰা ওপৰলৈ উঠি

আহি আছে। সি ভালদৰে লক্ষ্য কৰাৰ পাছথ দেখিলে যে, পাপীসকলৰ এক বৃহৎ সমূহ সূতাডালৰ জৰিয়তে ওপৰলৈ উঠি আছে।

                ডকাইতজনৰ চকু মেল খাই ৰৈ গ'ল। খোলা মুখখনো সি বন্ধ কৰিবলৈ পাহৰি গ'ল। তাৰ মুখমণ্ডলত ভয়ৰ ভাৱ সঞ্চাৰ হ'ল।

                সি ভাবিলে, ইমান লোকৰ ওজন সূতাটোৱে কেনেকৈ সহ্য কৰিব? সূতাডাল চিঙি গলে সিয়ো পুনৰ নৰকত পতিত হ'ব লাগিব ।

                সি অপলক নয়নত তলৰ ফালে চাই আছিল আৰু অনুমান কৰি আছিল যে, সূতাডালত ক্রমান্বয়ে মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে।

                শেষত সি উচ্চকণ্ঠত চিঞৰি ক'লে- হে পাপীসকল, এইডাল সূতা মোৰ, তোমালোকক ওপৰলৈ উঠাৰ কাৰণে কোনে অনুমতি দিছে? নামি যোৱা। সোনকালে নামি যোৱা, নহ'লে...

                কথাষাৰ কোৱাৰ লগে লগে যিডাল সূতা চিঙাৰ কোনো লক্ষণে নাছিল, ঠিক তেতিয়াই ডকাইতজনে ধৰি থকা ঠাইত সূতাডাল চিঙি গ'ল। মুখৰপৰা চিঞৰ বাহিৰ হোৱাৰ আগতেই সি নৰকৰ অন্ধকাৰত সৰি পৰিল ।

                ওপৰত মকৰাৰ সূতাডাল জিলিকিবলৈ ধৰিলে ৷

                সৰোবৰৰ পাৰত থিয় হৈ ভগবান বুদ্ধই এইবোৰ প্ৰত্যক্ষ কৰিলে আৰু তেওঁৰ মুখমণ্ডল উদাস ভাৱেৰে আচ্ছন্ন হৈ পৰিল । ডকাইতজনে যদি মাথোন নিজে ৰক্ষা পোৱাৰ কথা চিন্তা নকৰিলেহেঁতেন, তেনেহ'লে অসংখ্য পাপী নৰকৰ পৰা ওলাই আহিব পাৰিলেহেঁতেন। কিন্তু তাৰ নিজৰ মনৰ দুৰ্বলতাৰ কাৰণে সি আটাইকে লৈ পুনৰ নৰকত পতিত হ'ল।*

                  

                                    সুকৰাতে বিষ পান কৰিলে

                             লেখক- অজ্ঞাত

    বিচাৰৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ ইতিহাস আজিৰ পৰা আঢ়ৈ হাজাৰ বছৰ আগৰ। প্ৰচলিত অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতাৰ কাৰণে শাস্তি স্বৰূপ সুকুৰাতে জহৰ পান কৰিব লগা হৈছিল । সুকুৰাতক যেতিয়া জহৰ দিয়া হৈছিল, তেতিয়া তেওঁৰ কিছু শিষ্য তাত উপস্থিত আছিল, সেই সকলৰ মাজত ফীডোও এজন আছিল । ইয়াত তেওঁৰ শব্দতে সম্পূৰ্ণ ঘটনা প্ৰস্তুত কৰা হৈছে-

    মই আৰম্ভণীৰ পৰাই আপোনাক সমগ্ৰ ঘটনা বর্ণনা কৰি আছোঁ। এই ঘটনাৰ আগত মই আৰু বেলেগ বেলেগ মানুহ ৰাতিপুৱা ন্যায়ালয়ৰ সন্মুখত সমৱেত হৈছিলো, 'ত মোকদমা চলি আছিল। ঠাইডোখৰ জেলৰ কাষতে আছিল ৷

    মানুহবিলাক প্রত্যেক দিন জে'লৰ দুৱাৰ খোলাৰ প্ৰতীক্ষাত ৰৈ থাকিছিল। জে'লৰ দুৱাৰ খোলাৰ লগে লগে আমি সুকুৰাতৰ ওচৰত গৈছিলো আৰু ওৰেটো দিন তেওঁৰ লগত কটাইছিলো। জে'লৰ দুৱাৰ ৰক্ষকে কোনোদিন আমাক তালৈ যাবলৈ নিষেধ কৰা নাছিল৷

    কিন্তু সিদিনা তেওঁ স্বয়ং বাহিৰলৈ ওলাই আহি ক'লে- আপোনালোক কিছু সময় অপেক্ষা কৰক। কথা হ', বিষয়াসকলে সুকুৰাতক শিকলিৰ পৰা মুক্ত কৰি আছে আৰু লগতে মৃত্যুৰ কাৰণে নিৰ্দেশ দি আছে। এইদৰে কৈ তেওঁ গুচি গ'ল। কিছু সময় পাছত তেওঁ পুনৰ উভতি আহিল আৰু তেওঁ আমাক ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিলে। আমি ভিতৰলৈ সোমাই গ'লো। আমি দেখিলো যে, সুকুৰাত শিকলিৰ পৰা মুক্ত । তেওঁ বিছনাৰ ওপৰত বহি আছিল। তেওঁ নিজৰ ভৰি তললৈকে ওলোমাই দিলে।

    হাতেৰে ভৰি মোহাৰি মোহাৰি তেওঁ ক'বলৈ ধৰিলে- মানুহে যাক সুখ বুলি কয়, সেয়া কেনে অদ্ভুত বস্তু ! সুখ আৰু দুখ কোনো মানুহৰ ওচৰলৈ বেলেগে বেলেগে নাহে। কোনো ব্যক্তিয়ে ইয়াৰ মাজত কোনো এটাক অনুসৰণ কৰি এটাক প্ৰাপ্ত কৰিলে আনটো নিজে নিজেই আহে। এটাৰ লগত আনটো সাঙোৰ খাই আছে। তেওঁ ক'লে- মই ভাবোঁ, ইছপে এই বিষয়ে জানিলে নিশ্চয় এটি কাহিনী লিখি পেলালেহেঁতেন যে, এবাৰ সুখ আৰু দুখৰ মাজত কাজিয়া লাগিছিল। ঈশ্বৰে এই দুটাৰ লগত মিলন কৰাবলৈ খুবেই চেষ্টা কৰিছিল আৰু মিলন কৰাব নোৱাৰি অৱশেষত তেওঁ দুয়োটাৰ মূৰ একেলগে সাঙুৰি দিছিল। সেয়ে মানুহে সুখ আৰু দুখৰ মাজৰ কোনো এটা প্ৰাপ্ত হ'লে আনটো আপোনা-আপুনি পিছে পিছে আহি যায় । এনেকুৱা অৱস্থাই এই সময়ত মোৰ। শিকলিৰে বান্ধি থোৱাৰ কাৰণে মই ভৰিত দুখ পাইছোঁ আৰু এতিয়া মোৰ অনুভৱ হৈছে যে, এই দুখৰ পিছে পিছে সুখৰ অনুভূতিও আহিছে।

    তেওঁ আমাৰ ফালে চাই হাঁহি মাৰিলে আৰু ক'লে- বন্ধুসকল, মই ক্রীটোক পতিয়ন নিয়াবলৈ সমৰ্থ হৈছোঁ যে, ময়ে সেইজন সুকুৰাত যিজনে তেওঁৰ লগত কথা পাতিছিল আৰু যুক্তি প্ৰদৰ্শন কৰিছিল। তেওঁ ভাবে যে, ময়ে সেই শৰীৰৰ অধিকাৰী, যাক তেওঁ অলপ পাছতে লাচৰ আকাৰত দেখিব আৰু তেওঁ মোক সোধে যে, মোৰ অন্তিম সংস্কাৰ কেনেকৈ হোৱা উচিত । ইয়াৰদ্বাৰা এয়া প্ৰমাণিত হয় যে, বিষপান কৰাৰ পাছত মই আপোনালোকৰ মাজত নাথাকিম, কিন্তু মই দিব্য সুখত বিলীন হৈ যাম আৰু এইদৰে কৈ তেওঁ আপোনালোকক আৰু নিজক বুজনি দিছিল।

    কিন্তু এইদৰেবুজনি দিয়াৰ পাছতো ক্ৰীটোৰ ওপৰত কোনো প্ৰভাৱ নপৰিল। তেওঁ কৈছিল, যেতিয়া ম‍ই মৰি যাম, তেতিয়া আপোনালোকৰ মাজত নাথাকিম। কোনো অৱস্থাতে কোনেও যেন মোৰ মৃত্যুৰ পাছত উত্তেজিত নহয় আৰু শৰীৰ কবৰস্থ হোৱা দেখি যেন কোনেও কষ্ট নাপায় । তেতিয়া কোনেও যেন নাভাবে যে, ম‍ই ভীষণ কষ্ট ভোগ কৰি আছোঁ। মোৰ অন্তেষ্টিক্রিয়া দেখি কোনেও যেন এয়া নকয় যে, তেওঁলোকে শুকুৰাতক কবৰস্থ কৰি আছে, অথবা কবৰলৈ লৈ গৈ আছে।

    এইদৰে কৈ তেওঁ বহাৰ পৰা উঠিল আৰু গা ধোৱাৰ কাৰণে বেলেগ কোঠালি লৈ গ'ল। ক্রীটো তেওঁৰ লগত গ'ল আৰু আমাক প্ৰতীক্ষা কৰিবলৈ কৈ গ'ল।

    আমি প্রতীক্ষা কৰিবলৈ ধৰিলোঁ, আমাৰ ওপৰত যি বিপত্তি আহিছে তাৰ ভয়াৱহতাৰ বিষয়ে আমি আলোচনা কৰিলো৷ আমাৰ এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে, যেন আমাৰ পিতাৰ মৃত্যু হ'বলৈ গৈ আছে আৰু আমি অনাথ হ'বলৈ গৈ আছোঁ ।

    গা ধোৱাৰ পাছত তেওঁৰ সন্তানকেইটা তেওঁৰ ওচৰলৈ অনা হ'ল। তেওঁৰ দুটা সন্তান খুবেই সৰু আছিল আৰু এজন ডাঙৰ আছিল। তেওঁৰ পৰিবাৰৰ স্ত্ৰীসকল অহাৰ পাছত তেওঁ ক্ৰীটোৰ সন্মুখতে তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকক অন্তিম উপদেশ দিলে। ইয়াৰ পাছত তেওঁ স্ত্ৰীসকল আৰু সন্তানসকলক ওভতাই পঠালে আৰু নিজে আমাৰ ওচৰলৈ উভতি আহিল।

    তেতিয়া সূৰ্যাস্তৰ সময় হৈছিল। সুকৰাত গা ধোৱা গৃহৰ পৰা আমাৰ ওচৰলৈ অহাৰ পাছত বিশেষ আলোচনা নহ'ল৷ সোনকালেই জল্লাদ আহি গ'ল।

    জল্লাদে তেওঁৰ সন্মুখত থিয় হৈ আদৰপূৰ্বক কলে- সুকৰাত, মই জানো যে, আপুনি বেলেগৰ দৰে যুক্তিহীন নহয়। যেতিয়া মই তেওঁক বিষপান কৰিবলৈ দি ক'লো যে, অধিকাৰীসকলে মোক এনেকুৱা কৰিবলৈ বাধ্য কৰাইছে ৷ মই নিষেধ কৰিলেই তেওঁলোক মোৰ ওপৰত ক্রোধান্বিত হ'ব আৰু মোক গালি দিব। এতিয়ালৈকে যিসকল মানুহ ইয়ালৈ আহিছে, সিহঁততকৈ আপোনাক মই বহুত ভব্য, শ্রেষ্ঠ আৰু শিষ্ট পাইছোঁ। ম‍ই নিশ্চিত যে আপুনি মোৰ ওপৰত খং নকৰিব, পক্ষান্তৰে তেওঁলোকৰ ওপৰত খং কৰিব যিসকলৰ বিষয়ে আপুনি জানে যে, তেওঁলোক দোষী। এইদৰে কৈ সি কান্দি কান্দি গুচি যাবলৈ উদ্যত হ'ল।

    সুকুৰাতে তাৰ ফালে চালে আৰু শান্ত সুৰত কলে-আপুনি যি কৰিবলৈ ক', মই সেয়াই পালন কৰিম । ইয়াৰ পাছত সুকৰাত আমাৰ ফালে ঘূৰি চাই ক'লে- চাওঁক, এইজন মানুহ কিমান বিনয়ী। যেতিয়াৰ পৰা মই ইয়াত আছোঁ, তেতিয়াৰ সি মোৰ ওচৰলৈ আহি আছে আৰু কথা-বতৰা পাতি আছে। এতিয়া এওঁ মোৰ লগত কেনে উদাৰ ব্যৱহাৰ কৰি আছে! ক্ৰীটো আহিলে মই তাৰ আজ্ঞা পালন কৰোঁ। যদি বিষ তৈয়াৰ হৈছে, সেয়া আনা হওঁক আৰু যদি তৈয়াৰ হোৱা নাই সোনকালে তৈয়াৰ কৰা হওঁক ।

    ক্ৰীটোই উত্তৰ দিলে- হোৱা নাই সুকৰাত, সূৰ্য এতিয়াও অস্ত যোৱা নাই। ইয়াৰ উপৰিও ম‍ই জানো যে, বিষপানৰ কথা ঘোষণা কৰাৰ পাছত বহুতো মানুহৰ ক্ষেত্ৰত বিলম্ব কৰাৰ চেষ্টা কৰা হয়। আপুনি এতিয়া খৰখেদা নকৰিব ।

    সুকৰাতে কলে- আপুনি যাৰ বিষয়ে কৈ আছে, তেওঁ স্বাভাৱিকভাবেই এনেকুৱা কৰে, কিয়নো তেওঁ ভাবে যে, এনেকুৱা কৰি তেওঁৰ কিছু লাভ হ'ব। কিন্তু ম‍ই স্বাভাৱিকতে এনেকুৱা নকৰোঁ, কিয়নো ম‍ই ভাবোঁ যে, কিছু সময় পাছত বিষপান কৰিলে মোৰ একো লাভ নহয় । পক্ষান্তৰে ইয়াৰদ্বাৰা মোৰ নীচতাহে প্ৰকাশ পাব। ধাৰণা হ', মই লোভৰ বশৱৰ্তী হৈ জীৱনটোক কিছু সময়ৰ কাৰণে বচোৱাৰ চেষ্টা কৰিছোঁ। ক'বলৈ গলে, জীৱনটো কেতিয়াবাই সমাপ্ত হৈ গৈছে।

    তেতিয়া ক্ৰীটোই তেওঁৰ কাষত থিয় দি থকা এজন দাসক কিছু ইঙ্গিত কৰিলে ৷ দাসজন বাহিৰলৈ ওলাই গ'ল আৰু খন্তেক পাছত বিষ প্ৰদান কৰা জল্লাদক লৈ উভতি আহিল। পিয়লাত বিষ সাজু কৰা আছিল। সুকৰাতে তাৰ ফালে চাই ক'লে- প্রিয় বন্ধু, আপুনি নিশ্চয় জানে যে, মই কি কৰিব লাগিব ।

সি ক'লে- আপুনি ইয়াক পান কৰিব লাগিব আৰু পাছত লাহে লাহে খোজ কাঢ়িব লাগিব, ভৰি গধুৰ হৈ অহাৰ লগে লগে আপুনি বিছনাত শুৱ লাগিব। বিষে স্বয়ং নিজৰ কাম কৰিব। এইদৰে কৈ সি বিষৰ পিয়লা সুকাতৰ হাতত দিলে। সুকৰাতে আনন্দ মনেৰে অকম্পিতভাবে পিয়লা হাতত ল'লে।

    পিয়লা হাতত লৈ সুকৰাতে কলে- মই বুজি পাইছোঁ, এতিয়া মই দেৱতাৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিব লাগিব যে, মোৰ পৰৱৰ্তী যাত্রা শুভ হওঁক। এয়াই মোৰ প্ৰাৰ্থনা। তথাস্তু।

    এইদৰে কৈ তেওঁ পিয়লা ওঁঠত লগালে আৰু শান্তপূর্ণভাবে বিষপান কৰিলে। তেতিয়ালৈকে আমি সংযতভাবে ৰৈ আছিলোঁ, যেতিয়া বিষ পান কৰিলে তেতিয়া আমি সংযত হৈ থাকিব নোৱাৰিলো। অনিচ্ছা সত্ত্বেও আমাৰ চকুৰ পৰা লোতক বাগৰিবলৈ ধৰিলে ৷ মই নিজৰ মুখখন হাতেৰে ঢাকি পেলালো আৰু কান্দিবলৈ ধৰিলোঁ । মই তেওঁৰ কাৰণে চকুপানী টোকা নাছিলো, এজন যোগ্য মিত্ৰ হেৰুৱাৰ দুৰ্ভাগ্যৰ কাৰণেহে চকুপানী টুকি আছিলো ।

    চকুপানী সম্বৰণ কৰিব নোৱাৰিব বুলি ক্ৰীটো তাৰ পৰা আঁতৰি গ'ল । অপোলোডোৰচে মনে মনে চকুপানী টুকি আছিল আৰু এটা সময়ত তেওঁ জোৰে জোৰে চিঞৰি কান্দিবলৈ ধৰিলে। সি চিঞৰি কন্দাৰ ফলত আমাৰো সংযম টুটি গ'ল।

    সুকৰাত শান্তভাবে ৰৈ আছিল । তেওঁ ক'লে-বন্ধুসকল, মই শুনিছোঁ যে, মানুহ শান্তিপূর্ণভাবে মৰা উচিত ৷ আপোনালোক শান্ত হওঁক আৰু নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

    আমি যেতিয়া এয়া শুনিলো. তেতিয়া আমি খুব লজ্জিত হ'লো আৰু কন্দাকটা বন্ধ কৰিলো ৷ তেওঁ লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে আৰু তেতিয়ালৈকে খোজ কাঢ়ি থাকিল, যেতিয়ালৈকে তেওঁৰ ভৰি গধুৰ হৈ নুঠিল। পাছত তেওঁ চিত হৈ শান্তভাবে শুই পৰিল, যেনেকৈ তেওঁক কৰিবলৈ কোৱা হৈছিল।

    যিজন মানুহে তেওঁক বিষ দিছিল, কিছু সময় পাছত সি ভৰি আৰু ভৰিৰ তলুৱা পৰীক্ষা কৰিবলৈ ধৰিলে৷ ইয়াৰ পাছত সি সুকৰাতৰ ভৰি জোৰে হেঁচি ধৰি সুধিলে, তেওঁৰ অনুভূতি আছে নেকি ?

    সুকৰাতে উত্তৰ দিলে-নাই।

    তেতিয়া সি তেওঁৰ ভৰিৰ গাঁঠিত হেঁচি ধৰিলে আৰু এইদৰে সি ওপৰ ফালে হেঁচি গৈ থাকিল । সুকৰাতে নিজেও নিজৰ শৰীৰত খেপিয়াই চাবলৈ ধৰিলে আৰু নিজক অনুভূতিহীন পালে । তেতিয়া তেওঁৰ কঁকাললৈকে অনুভূতিহীন হৈ পৰিছিল।

    তেতিয়া সুকৰাতে কলে- ক্ৰীটো, মই একচেলেপিয়চৰ ওচৰত এটি মুগ ঋণী আছো। মনত কৰি তাক মুগটো দি দিবা।

    ক্ৰীটোই কলে- এয়া কৰা হ'ব। আৰু কিবা ইচ্ছা থাকিলে আপুনি কওঁক।

    তেওঁ এই প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। কিছু সময় পাছত তেওঁ জোৰে জোৰে কঁপিবলৈ ধৰিলে। সেই মানুহজনে তেওঁৰ চকুৰ কাপোৰ খুলি দিলে। তেওঁৰ চকু স্থিৰ হৈ গৈছিল। ক্রীটোই লগে লগে তেওঁৰ মুখখন আৰু চকু দুটা বন্ধ কৰি দিলে।*

                                                    হাত

                                               মূল- মোপাচা

                জজ মহোদয়ে এক অপৰাধ কাণ্ডৰ ৰায় ঘোষণা কৰি আছিল আৰু নিজৰ মতৰ সমৰ্থনত তেওঁ প্রমাণো প্ৰস্তুত কৰি আছিল, কিন্তু সেই প্ৰমাণৰ আধাৰত চুড়ান্ত ৰায় ঘোষণা কৰাটো কঠিন যেন প্ৰতীয়মান হৈ আছিল । পেৰিচৰ মহিলাসকল এই কাণ্ডৰ দ্বাৰা খুবেই ভীত আছিল। সেয়ে বিশেষভাবে মহিলাসকলে মনযোগ দি কথাবোৰ শুনি আছিল ৷

                মোৰ জীৱনতে এনেকুৱা কাণ্ড সংঘটিত হৈ গৈছে, যাৰ ৰহস্য কোনোদিনে উদ্‌ঘাটন হোৱা নাই। ফলত আমি বাধ্য হৈ সেয়া পাহৰি থাকিব লগা হৈছে।

                বাৰু, তেনেহ'লে সেই বিষয়ে আমাক কওঁক। আটাইকেইজনী মহিলাই সমস্বৰে কৈ উঠিল। মই তেতিয়া আজাকিয়াত মেজিষ্ট্রেট হিচাপে কৰ্মৰত আছিলো। তাত অহা অধিকাংশ গোচৰে প্রতিশোধমূলক ভাৱনাৰ লগত সম্পর্কিত আছিল। প্রতিশোধৰ সেই জুই কেতিয়াবা ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছিল, যে মাথোম বংশই নহয়, কেতিয়াবা কেতিয়াবা সেই জুয়ে সম্পূর্ণ বস্তীয়ে ধ্বংস কৰি পেলাইছিল। বংশ পৰম্পৰাত চলি অহা এই প্রতিশোধৰ ভাৱনাই নিৰ্দোষ ব্যক্তি, বুঢ়া, 'ৰা-ছোৱালী আৰু মহিলাক মৃত্যুমুখত পেলাইছিল। প্রতিশোধৰ এনেকুৱা ঘটনা চহৰখনত প্রতিদিনে সংঘটিত হৈছিল।

                এদিন কোনোবা এজনে মোক এজন ইংৰাজৰ বিষয়ে কলে। তেওঁ উপসাগৰৰ পাৰত বঙলা ভাড়াত লৈ এজন ফ্ৰেন্স চাকৰৰ সৈতে বসবাস কৰিছিল। তেওঁ কেতিয়াও চহৰলৈ যোৱা নাছিল আৰু নিজৰ অৱসৰ সময়খিনি নিচানাবাজী আৰু মাছ ধৰি পাৰ কৰিছিল। মানুহে তেওঁৰ বিষয়ে তৰহ তৰহৰ কথা অনুমান কৰিছিল ৷ কোনোবা কোনোবাই তেওঁক পলৰীয়া অপৰাধী বুলি কৈছিল। কিছুমানে আকৌ কৈছিল যে, তেওঁ ব্ৰিটেইনৰ এজন ডাঙৰ নেতা আৰু ৰাজনৈতিক কাৰণতে তাৰ পৰা পলাই আহিবলৈ বাধ্য হৈছে। আটায়ে তেওঁক ছাৰ জন ৰাঁবেল বুলি সম্বোধন কৰিছিল। তেওঁৰ লগত কথা পতাৰ অৱসৰ মই তেতিয়াহে পাইছিলোঁ, যেতিয়া মই তেওঁৰ চকুৰ সন্মুখতে এটি ডৰিক চৰাই মাৰিছিলো । তেওঁলৈ সেই মৃত ডৰিক চৰাই আগবঢ়াই মই ক্ষমা প্রার্থনা কৰিছিলো । তেওঁ সেই ক্ষমা প্রার্থনা খুবেই বিনম্ৰতাৰে স্বীকাৰ কৰিছিল যদিও বিশেষ কথা পতা নাছিল। তেওঁ এগৰাকী থুলন্তৰ আৰু প্ৰফুল্লচিত্ত মানুহ আছিল, কিন্তু নিজৰ বিষয়ে খোলাখুলিভাবে কথা পতিবলৈ সংকোচ কৰিছিল । তেওঁ সংকোচ কৰা সত্ত্বেও মই তেওঁ ৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলো । এদিন মই তেওঁৰ বঙলাৰ আগেদি যাওঁতে তেওঁক বাগানত বহি পাইপ হুপি থকা দেখিলো। ম‍ই তেওঁক হাত জোকাৰি অভিবাদন কৰাত তেওঁ মোক ভিতৰলৈ মাতি নি বিয়েৰ খাবলৈ আমন্ত্ৰণ জনালে মই কোনো সংকোচ নকৰাকৈ সেই আমন্ত্ৰণ স্বীকাৰ কৰিলো। বিয়েৰ খাই থাকোঁতে তেওঁ মোক কলে যে, তেওঁ বহুদিনৰ পৰা ফ্ৰান্স আৰু কোশিয়াত ৰৈ আছে আৰু এই দুই দেশ তেওঁৰ খুব ভাল লাগে।

                আপুনি বিশ্বৰ কোন কোন দেশ ভ্ৰমণ কৰিছে? মই সুধিলো।

                ভাৰত আৰু আমেৰিকাৰ বাহিৰেও মই আফ্ৰিকাৰ লগত ভালদৰে পৰিচিত । তেওঁ বৰ ভদ্রভাবে কথাকেইটা কৈ মিচিকিয়া হাঁহি মাৰি ক'লে- এইসমূহ দেশত মই মৰসাহসী হৈ উঠিছিলো।

                কিন্তু সেই মৰসাহসী কামৰ বিষয়ে তেওঁ একোকে নকলে। হয়, এয়া অৱশ্যে ক'লে যে, হাতী, গেৰিলা আৰু জলহস্তী চিকাৰ কৰাটো তেওঁৰ খুব পচন্দ।

                এই হিংস্ৰ জানোৱাৰবোৰ চিকাৰ কৰিবলৈ আপোনাৰ ভয় নালাগেনে? মই সুধিলোঁ। নালাগে। কিন্তু মোৰ অনুভৱৰ পৰা ক'ব পাৰোঁ যে, মানুহতকৈ ভয়ানক প্রাণী এই পৃথিৱীত নাই। এইদৰে কৈ তেওঁ জোৰে হাঁহি মাৰিলে । পাছত তেওঁ হাথিয়াৰৰ বিয়য়ে ক'বলৈ ধৰিলে আৰু মোক সেই স্থান দেখুৱালে য'ত তেওঁ হাথিয়াৰ ৰাখিছিল। হাথিয়াৰ দেখুৱাৰ সময়ত তেওঁ মোক ইয়াকে কৈ চক্ খুৱাই দিলে যে, এইবোৰ হাথিয়াৰেৰে তেওঁ হিংস্ৰ জন্তুৰ বাহিৰেও হিংস্ৰ মানুহো হত্যা কৰিছে। কিন্তু স্বভাৱজাতভাবেই তেওঁ মানুহ চিকাৰৰ বিষয়ে একোকে নক'লে ৷ আমি যিটো হলত বহি কথা পাতি আছিলো, তাত কলা ৰেচমৰ এটি পৰ্দা আছিল ৷ পৰ্দাটোৱে বাৰে বাৰে মোৰ ধ্যান আকৰ্ষণ কৰি আছিল। পৰ্দাটোত সোণালী আখৰেৰে কিছু ফুল অংকন কৰা আছিল ।

                কিন্তু মোৰ ধ্যান ফুলৰ ওপৰত নহয়, পৰ্দাৰ ওপৰত আঁৰি থোৱা এক পৰিষ্কাৰ-পৰিচ্ছন্ন কংকালৰ হাতৰ ওপৰতহে কেন্দ্ৰিত হৈ আছিল। হাতখন লোৰ শিকলিৰ দ্বাৰা পৰ্দাৰ ওপৰত বান্ধি থোৱা আছিল ।

                এই হাতখন কাৰ? মই সুধিলো ৷

                এইয়া মোৰ আটাইতকৈ হিংস্ৰ বন্ধুৰ হাত। এওঁক মই আমেৰিকাৰ পৰা আনিছিলো। ম‍ই এটি তৰোৱালেৰে হাতখন তেওঁৰ দেহৰ পৰা বিচ্ছিন্ন কৰিছিলো। তাৰ পাছত চকমকি পাথৰেৰে ছাল এৰুৱাই হাতখন মই এসপ্তাহমান ৰ'দত শুকাইছিলো।

                হাতখন দেখি মোৰ এনেকুৱা অনুমান হ', যেন হাতখন অসাধাৰণভাবে এজন শক্তিশালী মানুহৰ হাত। কংকালৰ ৰূপতেই এজন মানুহক আচৰিত কৰাৰ কাৰণে যথেষ্ট আছিল হাতখন। তৰোৱালেৰে হাতখন বিচ্ছিন্ন কৰাৰ সময়ত ছাৰ ৰাঁবেলৰ মনত প্রতিহিংসাৰ জুই কেনেকৈ জ্বলিছিল মই কল্পনা কৰিবলৈ ধৰিলো।

                মই ক'লো- মানুহজন নিশ্চয় খুব শক্তিশালী আছিল ?

                ছাৰ ৰাঁবেলে শান্ত আৰু সংযত সুৰত ক'লে- কিন্তু ম‍ই তেওঁতকৈও অধিক শক্তিশালী বুলি প্রতিপন্ন হৈছিলো। হাতখন কটাৰ আগতে তেওঁৰ হাতখন মই লোৰ শিকলিৰে বান্ধি লৈছিলো, যিটো শিকলি এতিয়া আপুনি হাতখনত বন্ধা অৱস্থাত দেখি আছে।

                কিন্তু শিকলিৰে বন্ধাৰ কি প্ৰয়োজন আছিল ? মই সুধিলো ৷

                এই কাৰণত, যাতে সি পলাই নাযায়। শিকলিৰে বান্ধি নাখাৰিলে সি পলাই যাবলৈ চেষ্টা কৰিব পাৰিলেহেঁতেন। ছাৰ ৰাঁবেলে শান্ত সুৰত কলে ৷

                মই তেওঁৰ ফালে আশ্চর্যচকিতভাবে চালো ৷ মানুহজন বলিয়া, নে মোৰ লগত ধেমালি কৰিছে ! ইয়াৰ পাছতো মই তেওঁৰ লগত দুই তিনিবাৰ মিলিত হৈছোঁ।

                এবছৰ পাছত -

                নৱেম্বৰ এক ৰাতিপুৱা, মোৰ লগুৱাই আহি মোক টোপনিৰ পৰা জগাই ক'লে যে, ছাৰ ৰাঁবেলক কোনোবাই হত্যা কৰিছে।

                আধা ঘণ্টামান পাছত আৰক্ষী বিষয়া তেওঁৰ বঙলাত উপস্থিত হ'ল। তেওঁৰ ফ্ৰেন্স লগুৱা কান্দি আছিল। তাৰ ওপৰত আৰক্ষীৰ সন্দেহ উপজিল, কিন্তু সোধা-মেলাৰ পাছত সেই সন্দেহ দূৰ হ'ল। বহু চেষ্টাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান উলিয়াব নোৱাৰিলে।

                ছাৰ ৰাঁবেল হলৰ ভিতৰত মৃত অৱস্থাত তলমুখ হৈ পৰি আছিল। তেওঁৰ ফটাচিঙা কাপোৰ দেখি এনেকুৱা প্ৰতীয়মান হৈ আছিল যে, হত্যাকাৰীৰ লগত তেওঁৰ খুবেই ধ্বস্তাধ্বস্তি হৈছিল। আৰক্ষীৰ ডাক্তৰে মৃতদেহ পৰীক্ষা কৰাৰ পাছত ক'লে- কোনোবাই গল টিপি তেওঁক হত্যা কৰিছে। ওঁঠত পাঁচটা ছেদ কৰা হৈছে, ছেদবোৰ লোৰ ভেদক দাঁতেৰে কৰা যেন ধাৰণা হৈছে- সম্ভৱতঃ কোনো কংকালে তেওঁক গল টিপি হত্যা কৰিছে।

 

                ইয়াকে শুনি মই সিহঁৰিত হৈ উঠিলো। মই পৰ্দাৰ পিছ ফাললৈ গৈ খুজিবলৈ ধৰিলোঁ, ত কংকালৰ হাতখন লোৰ শিকলিৰে বন্ধা আছিল। কিন্তু হাতখন তাত নাছিল।

                ডাক্তৰে শৱৰ দাঁতৰ হাড়ৰ মাজত বিন্ধি থকা কটা আঙুলি বাহিৰ কৰিলে, যিটো অদৃশ্য হোৱা হাতখনৰে যেন অনুমান হৈ আছিল। কিন্তু হাতখন বঙলাৰ ক'তো নাছিল।

ফ্ৰেন্স লগুৱাজনে ডাক্তৰৰ ওচৰত যি বৰ্ণনা দিলে সেয়া বিস্ময়কৰ আছিল।

                সি ক'লে- বিগত এসপ্তাহৰ পৰা মালিক বহুত বিবুধিত পৰি থকা যেন দেখা গৈছিল। তেওঁৰ ওচৰত এই কেইদিন কেবাটাও পত্ৰ আহিছিল, যিবোৰ পত্ৰ পঢ়ি উঠি তেওঁ পুৰি পেলাইছিল। কেতিয়াবা কেতিয়াবা তেওঁ ৰাতি বিছনাৰ পৰা উঠি শিকলিৰে বন্ধা হাতখন হাণ্টাৰেৰে কোবাইছিল। তেওঁৰ হত্যাৰ পাছত নাজানো হাতখন ক'ৰবাত অদৃশ্য হৈ গৈছে।

                ছাৰ ৰাঁবেলে কোৱা কথাবোৰ মই আৰক্ষীৰ আগত ভাঙিপাতি ক'লো । আৰক্ষীয়ে সমগ্ৰ চহৰত হাতখন সন্ধান কৰিলে, কিন্তু কোনো সন্ধান উলিয়াব নোৱাৰিলে ।

                সেই দুৰ্ভগীয়া হাতখনে মোক এমাহলৈকে ভয় খুৱাই থাকিল। কেতিয়াবা কেতিয়াবা হাতখন দিনতো মোৰ চকুত পৰিবলৈ ধৰিলে। তিনি মাহ পাছত আৰক্ষীয়ে হাতখন ছাৰ ৰাঁবেলৰ কবৰৰ কাষত পৰি থকা দেখিলে। হাতখনৰ এটা আঙুলি অদৃশ্য আছিল।

                এয়াই আছিল সেই হাতখনৰ কাহিনী, ইয়াৰ বাহিৰে মই বিশেষ একো নাজানো ৷ মহিলা কেইজনীৰ অৱস্থা চাব লগা হৈছিল !

                কিন্তু সেই কাহিনী কেনেকৈ শেষ হ'ব পাৰে! এতিয়ালৈকে তো কোনে কেনেকৈ হত্যা কৰিছে সেই বিষয়ে সন্ধান ওলোৱা নাছিল ৷ মহিলাসকলৰ ফালৰ পৰা কোনোবা এজনীয়ে প্রশ্ন কৰিলে। মই এয়া জানিছিলো যে, হাতখনৰ গৰাকী মৰা নাছিল আৰু তেওঁ উভতি আহি অৱশিষ্ট হাতখনেৰে ছাৰ ৰাঁবেলৰ ওপৰত প্ৰতিশোধ লৈছিল। কিন্তু এইবোৰ কেনেকৈ সংঘটিত হৈছিল, সেয়া কোৱা মোৰ কাৰণে সম্ভৱ নাছিল ।

                এয়া কেনেকৈ হোৱা সম্ভৱ? মহিলা কেইজনীয়ে চিঞৰি সুধিলে।

                মই জানো, ম‍ই দিয়া কৈফিয়তত আপোনালোক সন্তুষ্ট নহ'ব। মেজিষ্ট্রেটে হাঁহি মাৰি ক'লে । মোৰ এই উত্তৰত মহিলাসকল মৌন হৈ পৰিল ।

 

                       গোনাহগাৰ (পাপী )

                                                                 মূল -হামিদ জৰ্বী

                পথাৰত ফাট মেলিছিল। ৰাস্তা-ঘাট, কুঁৱা, পুখুৰী সকলো শুকাই গৈছিল, সেমেকা মাটিৰ সুবাসৰ কাৰণে মানুহবিলাকে হাহাকাৰ কৰি আছে। ওৰেটো বছৰ মেঘ গৰজি আছে, কিন্তু বৰষুণ দিয়া নাই। সকলো মানুহৰ কণ্ঠত এষাৰে মাঠোন কথা, একেই প্রার্থনা- ইয়া ইলাহি, দয়া কৰা ৷ ইয়া ইলাহি বৰষুণ! ...পানী .... পানী...!

                সিদিনা আছিল শুক্রবাৰ। গাঁৱৰ মানুহে মৌলবী চাহাবৰ ভাষণ শুনি আছিল । তেওঁ কৈ আছিল- যেতিয়া পৃথিবীত খোলা-খুলিভাবে পাপ কর্ম সংঘটিত হৈ থাকে, তেতিয়া খোদাৰ শাস্তিৰ সন্মুখীন হ'ব লগা হয়। নিশ্চিতভাবে বস্তীত কিবা ডাঙৰ পাপ কৰ্ম সংঘটিত হৈছে।

                আমি আটায়ে পথাৰত সমবেত হৈ দোৱা প্ৰাৰ্থনাৰ লগতে কাকুতি মিনতি কৰা উচিত যে, ইয়া খোদা, আমাৰ গোনাহ মাফ কৰি দিয়ক। লগে লগে কি পাপ কৰা হৈছে সেয়া অনুসন্ধান কৰা উচিত। নিশ্চয় আমি এনেকুৱা কিবা আচৰণ কৰিছোঁ, যাৰ কাৰণে খোদা নাৰাজ হৈছে।

                হাজি চাহাব গাঁৱৰ সমিতিৰ অধ্যক্ষ আছিল, তেওঁ খুবেই নেক, সহানুভূতিশীল আৰু ঈশ্বৰপৰায়ণ মানুহ আছিল। তেওঁ সমিতিৰ সভা আহ্বান কৰিলে আৰু আটাইবিলাক মানুহক উদ্দেশ্য কৰি কলে, আপোনালোকে নিজৰ নিজৰ বস্তীত অনুসন্ধান কৰক, তাত কোনো দুশ্চৰিত্ৰ তিৰোতা মানুহ আছে নেকি! কাৰো ওপৰত কোনো ধৰণৰ জুলুম হোৱা নাইতো! শেষত এনেকুৱা কি কাৰণত সমগ্ৰ বস্তী জ্বলি উঠিছে। আটায়ে পাপ অনুসন্ধান কৰক। নিজেই নিজৰ পাপৰ সন্ধান কৰক। তাৰ পাছত পাছদিনা ক্ষমা প্ৰাৰ্থনা কৰক আৰু তাত আটাইবিলাক মানুহ চামিল হওঁক।

                ভাষণ প্ৰদান কৰি সন্ধিয়াৰ নামাজ পঢ়াৰ পাছত হাজি চাহাব ঘৰলৈ আহি জানিব পাৰিলে যে, তেওঁৰ সৰু ঘৈণীয়েক ঘৰত নাই। হাজি চাহাব এই ক্ষেত্ৰত খুবেই কঠোৰ আছিল ৷ ডাঙৰ ঘৈণীয়েকক বিয়া কৰাই ঘৰলৈ অনাৰ পাছত সম্ভৱতঃ কেতিয়াও হাকিমৰ ওচৰলৈ যোৱা নাছিল ৷ তাইৰ মৃত্যুৰ পাছত একমাত্র জানাযাৰ নামাজৰ কাৰণেহে তাইক ঘৰৰ পৰা বাহিৰলৈ ওলাই অনা হৈছিল।

                সৰু ঘৈণীয়েকৰ ওপৰতো একে নিষেধাজ্ঞা আছিল, যিবোৰ নিষেধাজ্ঞা ডাঙৰ ঘৈণীয়েকৰ ওপৰত আছিল। কিন্তু এইদৰে নুসোধা নেমেলাকৈ তাই আজি কলৈ গ'? হাজি চাহাবৰ খং উঠি গ'ল। তেওঁ জোৰে জোৰে তছবীহ(মালা)জপিবলৈ ধৰিলে । তেতিয়াই তেওঁৰ ডাঙৰ ল'ৰা, যিজন বহুদিনৰ পৰা চহৰত আছে, সিদিনাই সি গাঁৱলৈ আহিছিল, কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি কলে- মছজিদৰ পৰা আহিল নেকি, আব্বাজান ?

                এৰা, মন-মেজাজ ভাল নাছিল, সেই কাৰণে সোনকালে ঘৰলৈ গুচি আহিলো । কিন্তু সৰু মাৰা ক? কিয়, তাই নাজানে নেকি যে, আমাৰ ঘৰৰ মহিলাসকল বাহিৰলৈ ওলোৱা নিষেধ!

                আম্মীতো ঘৰতে আছে। এতিয়াই চোতালত আছিল.. নাই.....কোঠালিৰ ভিতৰত বহি বহি হয়তো আমনি লাগিছিল....মই গৈ চাই আছোঁ, ব সি কিছু সময় পাছত উভতি আহি ক'লে- আম্মী ছাদতে আছে.... প্ৰাৰ্থনা কৰি আছে।

                হাজি চাহাব আশ্বস্ত হ'ল। মালা জপি থকা আঙুলি কিছু মন্থৰ হ'ল। পুতেক তেওঁৰ ওচৰলৈ আহিল আৰু কাষত বহি ক'লে- আব্বা হুজুৰ, বস্তীবাসীয়ে হয়তো নতুন ফচলৰ সপোনে দেখি থাকিব লাগিব !

                আল্লাহই ৰহম কৰিব, আল্লাহই নিজৰ কৰ্ম কৰিব । হাজি চাহাবে আকাশৰ ফালে চাই এইদৰে কৈ তাৰপৰা উঠি গ'ল। চোতাললৈ অহাৰ পাছত ছাদত খটখট শব্দ হোৱা শুনিবলৈ পাই তেওঁৰ মালা জপ কৰা আঙুলি থামি গ'ল। তেওঁৰ সেই সময়ৰ কথা মনত পৰি গ', যেতিয়া ডাঙৰ বেগম স্বৰ্গলৈ গুচি গৈছিল। তেওঁৰ মন এইখন পৃথিৱীৰ প্ৰতি উদাসীন হৈ গৈছিল, কিন্তু ভাগ্যৰ লিখন কোনে খণ্ডাব পাৰে ! বেগমৰ চাল্লিছাৰ(মুছলমানসকলে মৃত্যুৰ চল্লিছ দিন পাছত কৰা সকাম পাছত তেওঁৰ আত্মীয়স্বজন আৰু বন্ধু-বান্ধৱসকল আহি ক'লে- ঘৰখনৰ চাকি পোহৰোৱাৰ কাৰণে কোনোবা নহয় কোনোবা এজনতো থাকিবই লাগিব

                মোৰ বয়স ষাঠি বছৰ হোৱাৰ বাটত। কোনে দিব মোক ছোৱালী? এইদৰে কৈ হাজি চাহাবে হাঁহি মাৰিলে ৷

                আপোনাৰ কাৰণে ছোৱালীৰ অভাৱ নহ', এবাৰ মাথোন সন্মতি দি চাওঁক। এজন বন্ধুই এইদৰে কৈ নিজৰ এজনী ষোল্ল বছৰীয়া অনাথ ভাইজীৰ বিষয়ে কলে।

                কথাষাৰ শুনাৰ পাছত এক অনামী অনুভূতিয়ে হাজি চাহাবৰ হৃদয়ত আলোড়ন তুলিলে আৰু তেওঁ বিয়াৰ বাবে সন্মতি প্ৰদান কৰিলে ৷

                বিয়াৰ পাছত নিজৰ স্ত্ৰী ৰেশমক দেখি হাজি চাহাব বিমোৰত পৰি গৈছিল ৷ তাই গাভৰু আৰু সুন্দৰী আছিল ৷

                আজান দিয়াৰ পাছত হাজি চাহাব মছজিদলৈ গ'ল আৰু আনোৱাৰ আহি ৰেশমৰ কাষত বহিল। সি তাইৰ লগত বহি ৰুটি সেকিবলৈ ধৰিলে। তাৰ সন্নিধ্যত ৰেশমে অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলে।

                ম‍ই ৰুটি বনাই দিওঁ? আনোৱাৰে সোধাৰ পাছত ৰেশমে হাঁহি মাৰিলে, কিন্তু আনোৱাৰৰ চকুৰ উত্তাপত তাইৰ শৰীৰ দেইপুৰি যাবলৈ ধৰিলে। তাই মাটিৰ দৰে জ্বলিবলৈ ধৰিলে।

                কিমান নিষ্ঠুৰ আছিল সেইসকল মানুহ যিসকলে এজনী চাহজাদীক এজন বৃদ্ধৰ গলত বান্ধি দিছে! আনোৱাৰে ভয়ে ভয়ে কলে। ৰেশমৰ চকুৰ পৰা লোতক বাগৰি আহিল। নিশ্বাস বন্ধ হোৱাৰ উপক্ৰম হোৱাত তাই তাৱাত পোৰা ৰুটি থৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পাছদিনা বস্তীবাসীয়ে খবৰ পালে যে, বস্তীত গোনাহগাৰক আটক কৰা হৈছে।

                ডাঙৰ মছজিদৰ কাষতে এটি খোঁটালী আছে, ত শাদী তাইৰ স্বামীৰে সৈতে বসবাস কৰে । তাইৰ স্বামী পক্ষাঘাতগ্রস্তপঙ্গু আছিল আৰু শাদী কঠোৰ পৰিশ্ৰম কৰি তাৰ ভৰণ-পোষণ কৰিছিল ।

                শাদীৰ পেট ওলাই অহা দেখি ধাইয়ে কলে- আঠমাহ চলিছে। আটায়ে শাদীক গোনাহগাৰ সাৱ্যস্ত কৰিলে। নিশ্চয় ই ক'ৰবাত মুখ কলা কৰিছে, নহ'লে এজন পক্ষাঘাতগ্রস্ত পঙ্গুই কেনেকৈ সন্তানৰ পিতা হ'ব পাৰে !

                শাদীয়ে বহু কন্দা-কটা কৰিলে, কিন্তু কোনেও তাইৰ কথাত কর্ণপাত নকৰিলে । বস্তীৰ সভ্রান্ত লোকসকলে সিদ্ধান্ত ল'লে, যে শাদীক বস্তীৰ পৰা উলিয়াই দি খোদাৰ ওচৰত ক্ষমাপ্রার্থনা কৰা যাওঁক।

                পাছদিনা ৰাতিপুৱা আটাইবিলাক মানুহ পথাৰত সমবেত হ'ল। তাত বস্তীৰ ল'ৰা-ছোৱালীও উপস্থিত আছিল। আটায়ে শাদীক বস্তীৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিলে। শাদীয়ে শোকাকুল নয়নেৰে আটাইৰে ফালে চালে আৰু নিজৰ পক্ষাঘাতগ্রস্ত পঙ্গু পতিক কোলাত তুলি লৈ কেঁকো- জেঁকোকৈ কেঁচা ৰাস্তাৰে গাঁৱৰ পৰা বাহিৰলৈ ওলাই যাবলৈ ধৰিলে। বস্তীবাসীসকলে আকাশৰ ফালে চালে আৰু প্ৰাৰ্থনাৰ কাৰণে হাত তুলিলে।

                গাঁও এৰি যোৱা শাদী ৰাস্তাত বিন্দুৰ দৰে আটাইৰে দৃষ্টি গোচৰ হ'ল আৰু লাহে লাহে সেই বিন্দু অদৃশ্য হৈ পৰিল। তেতিয়াই চাওঁতে চাওঁতে পশ্চিম আকাশৰ পৰা এজাক কলা ডাৱৰ উৰি আহি গাঁৱখন ছানি ধৰিলে। বিজুলি চমকিল। ডাৱৰৰ গৰ্জনে চৌদিশ গৰ্গৰাই গ'ল ৷ মানুহবিলাকে ডাৱৰৰ দৰে এজনে আনজনৰ লগত আলিঙ্গন কৰি শুভকামনা জনালে । আটাইৰে মুখত মাথোন এষাৰ কথাই আছিল- পাপ বস্তীৰ পৰা ওলাই গ'ল আৰু মেঘ আহি গ'ল ৷

                আনন্দ মনেৰে ঘৰ আহি পাওঁতে হাজি চাহাবৰ ৰাতি হৈ গ'ল । তেওঁৰ কাপোৰ তিতা আছিল। ভিতৰলৈ যাওঁতে মেহেন্দীৰ জোপোহাৰ আঁৰৰ পৰা হাঁহিৰ শব্দ শুনিবলৈ পালে। লগতে চুৰীৰ শব্দ। লগতে কাপোৰৰ খচ্খচ্ শব্দ। তেওঁ ওভতা ভৰিত উভতি আহি চালিৰ তলত আহি বহি পৰিল। আকৌ উঠিল আৰু মেহেন্দীৰ জোপোহানিৰ কাষলৈ গৈ থিয় হৈ বৰষুণত তিতিবলৈ ধৰিলে

                দেউতাকক দেখি আনোৱাৰ চমকি উঠিল আৰু কাষলৈ আহি কলে- আজি বতাহ কেনেকুৱা সেমকো, আব্বাজান !

                হাজি চাহাবে ৰেশমৰ ফালে চালে। তাইৰ মুখমণ্ডলত সন্তোষৰ ছাপ জিলিকি আছিল, যেনেকুৱা সন্তোষ বৰষুণৰ পাছত গাঁৱলীয়াৰ মুখমণ্ডলত জিলিকি আছিল।*

 

                                 ডকাইত, স্বৰ্গ আৰু মকৰাৰ জাল

                                    মূল হিন্দী- আকুতা ভাৱা

                ভগবান বুদ্ধ স্বর্গত এটি সৰোবৰৰ পাৰত বিচৰণ কৰি আছিল। তেওঁ সৰোবৰৰ স্বচ্ছ পানীত দৃষ্টি নিক্ষেপ কৰি পানীৰ তলত নৰক দেখা পালে। নৰকত পাপীবোৰৰ আত্মাই যাতনা ভূগি আছিল । ভগবান বুদ্ধৰ চকু মৃত্যুৰ পাছত নৰকত পতিত হোৱা এজন ডকাইতৰ ওপৰত পৰিল, ডকাইতজনে যাতনা সহ্য কৰিব নোৱাৰি নিজৰ অংগ-প্ৰত্যংগ মোচৰি আছিল ৷

                নিজৰ জীৱন কালত ডকাইতজনে নাজানে কিমান মানুহক লুট্‌ কৰিছিল, কিমানক হত্যা কৰিছিল, কিমান মানুহৰ ঘৰত জুই লগাইছিল। কিন্তু সি এটি ভাল কামো কৰিছিল। এবাৰ ৰাস্তাত পৰি থকা এটি মকৰা ভৰিৰে মোহাৰিব খুজিও ৰৈ গৈছিল। মকৰাটোক সি জীৱিত এৰি দিছিল। ভগবান বুদ্ধৰ এই ঘটনা মনত পৰাৰ লগে লগে তেওঁ ভাবিলে যে, এই এটি ভাল কামৰ কাৰণে ডকাইতটোক নৰকৰ পৰা বাহিৰ কৰা উচিত । তেতিয়া তেওঁ সৰোবৰত পদুম ফুলৰ পাতত জাল গুঁঠি থকা স্বৰ্গৰ এটি মকৰাৰ ওপৰত চকুত পৰিল। তেওঁ মকৰাৰ সূতাডাল ধৰিলে আৰু সূতাডাল নৰকৰ ওপৰত ওলোমাই ধৰিলে।

                নৰকৰ আন্ধাৰত মকৰাৰ ৰূপোৱালী সূতা জিলিকি আছিল। ডকাইতটোৱে ওপৰৰ ফালে চোৱাৰ পাছত তাৰ চকু সূতাডালৰ ওপৰত পৰিল । তাৰ মুখমণ্ডলত বেদনাৰ সলনি সুখৰ অনুভূতি উদ্ভাসিত হৈ উঠিল। কাৰণ সি জানিছিল যে, সূতাডাল স্বৰ্গৰ পৰা তললৈ ওলমি আছিল ৷

                সি ভাবিলে, সূতাডালত ধৰি মই নৰকৰ পৰা বাহিৰলৈ ওলাই যাম। হয়তো মই ইয়াৰ সহায়ত নৰকৰ পৰা স্বৰ্গলৈকো যাম পাৰিম! তেতিয়া মই নৰকৰ যাতনাৰ পৰা চিৰদিনৰ কাৰণে সাৰি যাব পাৰিম ৷

                পাছমুহূৰ্ততে সি জাঁপ মাৰি সূতাডাল ধৰি পেলালে আৰু বগুৱা বাই লাহে লাহে ওপৰৰ ফালে উঠিবলৈ ধৰিলে। নৰক ইমানেই বিশাল আছিল যে, বহু সময় উঠাৰ পাছতো সি নৰকৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিলে। এটা সময়ত সি ইমানেই পৰিশ্ৰান্ত হৈ পৰিল যে, তাৰ কাৰণে আৰু ওপৰলৈ উঠা সম্ভৱ নাছিল। সি ভাবিলে যে, কিছু সময় আৰাম কৰাৰ পাছত আকৌ উঠিবলৈ চেষ্টা কৰিব। সি যি কোনো মূল্যৰ বিনিময়ত নৰকৰ পৰা ওলাই আহিব খুজিছিল। অৱশ্যে সি ইমানখিনি সন্তুষ্ট আছিল যে, নৰকৰ অতলতলিৰ পৰা বহুখিনি ওপৰলৈ উঠি আহিছে। সি তলৰ ফালে চালে, তলত ঘোৰ অন্ধকাৰ দেখা পালে। আকৌ সি ওপৰৰ ফালে চালে। সি দেখিলে যে, নৰকৰ পৰা বাহিৰলৈ যোৱা ৰাস্তা বৰ বেছি দীঘল নহয়। ফলত তাৰ দেহত নতুন উদ্যম সঞ্চাৰ হ'ল আৰু সি ওপৰৰ ফালে উঠাৰ কাৰণে প্ৰস্তুত হৈ নিজকে নিজে কলে- এতিয়া মই বাচি যাম, নিশ্চয় বাচি যাব পাৰিম ৷

                সেই সময়ত সি লক্ষ্য কৰিলে যে, বহুতো পাপী সূতাডালত ধৰি তলৰ পৰা ওপৰলৈ উঠি

আহি আছে। সি ভালদৰে লক্ষ্য কৰাৰ পাছথ দেখিলে যে, পাপীসকলৰ এক বৃহৎ সমূহ সূতাডালৰ জৰিয়তে ওপৰলৈ উঠি আছে।

                ডকাইতজনৰ চকু মেল খাই ৰৈ গ'ল। খোলা মুখখনো সি বন্ধ কৰিবলৈ পাহৰি গ'ল। তাৰ মুখমণ্ডলত ভয়ৰ ভাৱ সঞ্চাৰ হ'ল।

                সি ভাবিলে, ইমান লোকৰ ওজন সূতাটোৱে কেনেকৈ সহ্য কৰিব? সূতাডাল চিঙি গলে সিয়ো পুনৰ নৰকত পতিত হ'ব লাগিব ।

                সি অপলক নয়নত তলৰ ফালে চাই আছিল আৰু অনুমান কৰি আছিল যে, সূতাডালত ক্রমান্বয়ে মানুহৰ সংখ্যা বৃদ্ধি হৈ আছে।

                শেষত সি উচ্চকণ্ঠত চিঞৰি ক'লে- হে পাপীসকল, এইডাল সূতা মোৰ, তোমালোকক ওপৰলৈ উঠাৰ কাৰণে কোনে অনুমতি দিছে? নামি যোৱা। সোনকালে নামি যোৱা, নহ'লে...

                কথাষাৰ কোৱাৰ লগে লগে যিডাল সূতা চিঙাৰ কোনো লক্ষণে নাছিল, ঠিক তেতিয়াই ডকাইতজনে ধৰি থকা ঠাইত সূতাডাল চিঙি গ'ল। মুখৰপৰা চিঞৰ বাহিৰ হোৱাৰ আগতেই সি নৰকৰ অন্ধকাৰত সৰি পৰিল ।

                ওপৰত মকৰাৰ সূতাডাল জিলিকিবলৈ ধৰিলে ৷

                সৰোবৰৰ পাৰত থিয় হৈ ভগবান বুদ্ধই এইবোৰ প্ৰত্যক্ষ কৰিলে আৰু তেওঁৰ মুখমণ্ডল উদাস ভাৱেৰে আচ্ছন্ন হৈ পৰিল । ডকাইতজনে যদি মাথোন নিজে ৰক্ষা পোৱাৰ কথা চিন্তা নকৰিলেহেঁতেন, তেনেহ'লে অসংখ্য পাপী নৰকৰ পৰা ওলাই আহিব পাৰিলেহেঁতেন। কিন্তু তাৰ নিজৰ মনৰ দুৰ্বলতাৰ কাৰণে সি আটাইকে লৈ পুনৰ নৰকত পতিত হ'ল।*

                  

                                    সুকৰাতে বিষ পান কৰিলে

                             লেখক- অজ্ঞাত

    বিচাৰৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ ইতিহাস আজিৰ পৰা আঢ়ৈ হাজাৰ বছৰ আগৰ। প্ৰচলিত অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতাৰ কাৰণে শাস্তি স্বৰূপ সুকুৰাতে জহৰ পান কৰিব লগা হৈছিল । সুকুৰাতক যেতিয়া জহৰ দিয়া হৈছিল, তেতিয়া তেওঁৰ কিছু শিষ্য তাত উপস্থিত আছিল, সেই সকলৰ মাজত ফীডোও এজন আছিল । ইয়াত তেওঁৰ শব্দতে সম্পূৰ্ণ ঘটনা প্ৰস্তুত কৰা হৈছে-

    মই আৰম্ভণীৰ পৰাই আপোনাক সমগ্ৰ ঘটনা বর্ণনা কৰি আছোঁ। এই ঘটনাৰ আগত মই আৰু বেলেগ বেলেগ মানুহ ৰাতিপুৱা ন্যায়ালয়ৰ সন্মুখত সমৱেত হৈছিলো, 'ত মোকদমা চলি আছিল। ঠাইডোখৰ জেলৰ কাষতে আছিল ৷

    মানুহবিলাক প্রত্যেক দিন জে'লৰ দুৱাৰ খোলাৰ প্ৰতীক্ষাত ৰৈ থাকিছিল। জে'লৰ দুৱাৰ খোলাৰ লগে লগে আমি সুকুৰাতৰ ওচৰত গৈছিলো আৰু ওৰেটো দিন তেওঁৰ লগত কটাইছিলো। জে'লৰ দুৱাৰ ৰক্ষকে কোনোদিন আমাক তালৈ যাবলৈ নিষেধ কৰা নাছিল৷

    কিন্তু সিদিনা তেওঁ স্বয়ং বাহিৰলৈ ওলাই আহি ক'লে- আপোনালোক কিছু সময় অপেক্ষা কৰক। কথা হ', বিষয়াসকলে সুকুৰাতক শিকলিৰ পৰা মুক্ত কৰি আছে আৰু লগতে মৃত্যুৰ কাৰণে নিৰ্দেশ দি আছে। এইদৰে কৈ তেওঁ গুচি গ'ল। কিছু সময় পাছত তেওঁ পুনৰ উভতি আহিল আৰু তেওঁ আমাক ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিলে। আমি ভিতৰলৈ সোমাই গ'লো। আমি দেখিলো যে, সুকুৰাত শিকলিৰ পৰা মুক্ত । তেওঁ বিছনাৰ ওপৰত বহি আছিল। তেওঁ নিজৰ ভৰি তললৈকে ওলোমাই দিলে।

    হাতেৰে ভৰি মোহাৰি মোহাৰি তেওঁ ক'বলৈ ধৰিলে- মানুহে যাক সুখ বুলি কয়, সেয়া কেনে অদ্ভুত বস্তু ! সুখ আৰু দুখ কোনো মানুহৰ ওচৰলৈ বেলেগে বেলেগে নাহে। কোনো ব্যক্তিয়ে ইয়াৰ মাজত কোনো এটাক অনুসৰণ কৰি এটাক প্ৰাপ্ত কৰিলে আনটো নিজে নিজেই আহে। এটাৰ লগত আনটো সাঙোৰ খাই আছে। তেওঁ ক'লে- মই ভাবোঁ, ইছপে এই বিষয়ে জানিলে নিশ্চয় এটি কাহিনী লিখি পেলালেহেঁতেন যে, এবাৰ সুখ আৰু দুখৰ মাজত কাজিয়া লাগিছিল। ঈশ্বৰে এই দুটাৰ লগত মিলন কৰাবলৈ খুবেই চেষ্টা কৰিছিল আৰু মিলন কৰাব নোৱাৰি অৱশেষত তেওঁ দুয়োটাৰ মূৰ একেলগে সাঙুৰি দিছিল। সেয়ে মানুহে সুখ আৰু দুখৰ মাজৰ কোনো এটা প্ৰাপ্ত হ'লে আনটো আপোনা-আপুনি পিছে পিছে আহি যায় । এনেকুৱা অৱস্থাই এই সময়ত মোৰ। শিকলিৰে বান্ধি থোৱাৰ কাৰণে মই ভৰিত দুখ পাইছোঁ আৰু এতিয়া মোৰ অনুভৱ হৈছে যে, এই দুখৰ পিছে পিছে সুখৰ অনুভূতিও আহিছে।

    তেওঁ আমাৰ ফালে চাই হাঁহি মাৰিলে আৰু ক'লে- বন্ধুসকল, মই ক্রীটোক পতিয়ন নিয়াবলৈ সমৰ্থ হৈছোঁ যে, ময়ে সেইজন সুকুৰাত যিজনে তেওঁৰ লগত কথা পাতিছিল আৰু যুক্তি প্ৰদৰ্শন কৰিছিল। তেওঁ ভাবে যে, ময়ে সেই শৰীৰৰ অধিকাৰী, যাক তেওঁ অলপ পাছতে লাচৰ আকাৰত দেখিব আৰু তেওঁ মোক সোধে যে, মোৰ অন্তিম সংস্কাৰ কেনেকৈ হোৱা উচিত । ইয়াৰদ্বাৰা এয়া প্ৰমাণিত হয় যে, বিষপান কৰাৰ পাছত মই আপোনালোকৰ মাজত নাথাকিম, কিন্তু মই দিব্য সুখত বিলীন হৈ যাম আৰু এইদৰে কৈ তেওঁ আপোনালোকক আৰু নিজক বুজনি দিছিল।

    কিন্তু এইদৰেবুজনি দিয়াৰ পাছতো ক্ৰীটোৰ ওপৰত কোনো প্ৰভাৱ নপৰিল। তেওঁ কৈছিল, যেতিয়া ম‍ই মৰি যাম, তেতিয়া আপোনালোকৰ মাজত নাথাকিম। কোনো অৱস্থাতে কোনেও যেন মোৰ মৃত্যুৰ পাছত উত্তেজিত নহয় আৰু শৰীৰ কবৰস্থ হোৱা দেখি যেন কোনেও কষ্ট নাপায় । তেতিয়া কোনেও যেন নাভাবে যে, ম‍ই ভীষণ কষ্ট ভোগ কৰি আছোঁ। মোৰ অন্তেষ্টিক্রিয়া দেখি কোনেও যেন এয়া নকয় যে, তেওঁলোকে শুকুৰাতক কবৰস্থ কৰি আছে, অথবা কবৰলৈ লৈ গৈ আছে।

    এইদৰে কৈ তেওঁ বহাৰ পৰা উঠিল আৰু গা ধোৱাৰ কাৰণে বেলেগ কোঠালি লৈ গ'ল। ক্রীটো তেওঁৰ লগত গ'ল আৰু আমাক প্ৰতীক্ষা কৰিবলৈ কৈ গ'ল।

    আমি প্রতীক্ষা কৰিবলৈ ধৰিলোঁ, আমাৰ ওপৰত যি বিপত্তি আহিছে তাৰ ভয়াৱহতাৰ বিষয়ে আমি আলোচনা কৰিলো৷ আমাৰ এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে, যেন আমাৰ পিতাৰ মৃত্যু হ'বলৈ গৈ আছে আৰু আমি অনাথ হ'বলৈ গৈ আছোঁ ।

    গা ধোৱাৰ পাছত তেওঁৰ সন্তানকেইটা তেওঁৰ ওচৰলৈ অনা হ'ল। তেওঁৰ দুটা সন্তান খুবেই সৰু আছিল আৰু এজন ডাঙৰ আছিল। তেওঁৰ পৰিবাৰৰ স্ত্ৰীসকল অহাৰ পাছত তেওঁ ক্ৰীটোৰ সন্মুখতে তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকক অন্তিম উপদেশ দিলে। ইয়াৰ পাছত তেওঁ স্ত্ৰীসকল আৰু সন্তানসকলক ওভতাই পঠালে আৰু নিজে আমাৰ ওচৰলৈ উভতি আহিল।

    তেতিয়া সূৰ্যাস্তৰ সময় হৈছিল। সুকৰাত গা ধোৱা গৃহৰ পৰা আমাৰ ওচৰলৈ অহাৰ পাছত বিশেষ আলোচনা নহ'ল৷ সোনকালেই জল্লাদ আহি গ'ল।

    জল্লাদে তেওঁৰ সন্মুখত থিয় হৈ আদৰপূৰ্বক কলে- সুকৰাত, মই জানো যে, আপুনি বেলেগৰ দৰে যুক্তিহীন নহয়। যেতিয়া মই তেওঁক বিষপান কৰিবলৈ দি ক'লো যে, অধিকাৰীসকলে মোক এনেকুৱা কৰিবলৈ বাধ্য কৰাইছে ৷ মই নিষেধ কৰিলেই তেওঁলোক মোৰ ওপৰত ক্রোধান্বিত হ'ব আৰু মোক গালি দিব। এতিয়ালৈকে যিসকল মানুহ ইয়ালৈ আহিছে, সিহঁততকৈ আপোনাক মই বহুত ভব্য, শ্রেষ্ঠ আৰু শিষ্ট পাইছোঁ। ম‍ই নিশ্চিত যে আপুনি মোৰ ওপৰত খং নকৰিব, পক্ষান্তৰে তেওঁলোকৰ ওপৰত খং কৰিব যিসকলৰ বিষয়ে আপুনি জানে যে, তেওঁলোক দোষী। এইদৰে কৈ সি কান্দি কান্দি গুচি যাবলৈ উদ্যত হ'ল।

    সুকুৰাতে তাৰ ফালে চালে আৰু শান্ত সুৰত কলে-আপুনি যি কৰিবলৈ ক', মই সেয়াই পালন কৰিম । ইয়াৰ পাছত সুকৰাত আমাৰ ফালে ঘূৰি চাই ক'লে- চাওঁক, এইজন মানুহ কিমান বিনয়ী। যেতিয়াৰ পৰা মই ইয়াত আছোঁ, তেতিয়াৰ সি মোৰ ওচৰলৈ আহি আছে আৰু কথা-বতৰা পাতি আছে। এতিয়া এওঁ মোৰ লগত কেনে উদাৰ ব্যৱহাৰ কৰি আছে! ক্ৰীটো আহিলে মই তাৰ আজ্ঞা পালন কৰোঁ। যদি বিষ তৈয়াৰ হৈছে, সেয়া আনা হওঁক আৰু যদি তৈয়াৰ হোৱা নাই সোনকালে তৈয়াৰ কৰা হওঁক ।

    ক্ৰীটোই উত্তৰ দিলে- হোৱা নাই সুকৰাত, সূৰ্য এতিয়াও অস্ত যোৱা নাই। ইয়াৰ উপৰিও ম‍ই জানো যে, বিষপানৰ কথা ঘোষণা কৰাৰ পাছত বহুতো মানুহৰ ক্ষেত্ৰত বিলম্ব কৰাৰ চেষ্টা কৰা হয়। আপুনি এতিয়া খৰখেদা নকৰিব ।

    সুকৰাতে কলে- আপুনি যাৰ বিষয়ে কৈ আছে, তেওঁ স্বাভাৱিকভাবেই এনেকুৱা কৰে, কিয়নো তেওঁ ভাবে যে, এনেকুৱা কৰি তেওঁৰ কিছু লাভ হ'ব। কিন্তু ম‍ই স্বাভাৱিকতে এনেকুৱা নকৰোঁ, কিয়নো ম‍ই ভাবোঁ যে, কিছু সময় পাছত বিষপান কৰিলে মোৰ একো লাভ নহয় । পক্ষান্তৰে ইয়াৰদ্বাৰা মোৰ নীচতাহে প্ৰকাশ পাব। ধাৰণা হ', মই লোভৰ বশৱৰ্তী হৈ জীৱনটোক কিছু সময়ৰ কাৰণে বচোৱাৰ চেষ্টা কৰিছোঁ। ক'বলৈ গলে, জীৱনটো কেতিয়াবাই সমাপ্ত হৈ গৈছে।

    তেতিয়া ক্ৰীটোই তেওঁৰ কাষত থিয় দি থকা এজন দাসক কিছু ইঙ্গিত কৰিলে ৷ দাসজন বাহিৰলৈ ওলাই গ'ল আৰু খন্তেক পাছত বিষ প্ৰদান কৰা জল্লাদক লৈ উভতি আহিল। পিয়লাত বিষ সাজু কৰা আছিল। সুকৰাতে তাৰ ফালে চাই ক'লে- প্রিয় বন্ধু, আপুনি নিশ্চয় জানে যে, মই কি কৰিব লাগিব ।

সি ক'লে- আপুনি ইয়াক পান কৰিব লাগিব আৰু পাছত লাহে লাহে খোজ কাঢ়িব লাগিব, ভৰি গধুৰ হৈ অহাৰ লগে লগে আপুনি বিছনাত শুৱ লাগিব। বিষে স্বয়ং নিজৰ কাম কৰিব। এইদৰে কৈ সি বিষৰ পিয়লা সুকাতৰ হাতত দিলে। সুকৰাতে আনন্দ মনেৰে অকম্পিতভাবে পিয়লা হাতত ল'লে।

    পিয়লা হাতত লৈ সুকৰাতে কলে- মই বুজি পাইছোঁ, এতিয়া মই দেৱতাৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিব লাগিব যে, মোৰ পৰৱৰ্তী যাত্রা শুভ হওঁক। এয়াই মোৰ প্ৰাৰ্থনা। তথাস্তু।

    এইদৰে কৈ তেওঁ পিয়লা ওঁঠত লগালে আৰু শান্তপূর্ণভাবে বিষপান কৰিলে। তেতিয়ালৈকে আমি সংযতভাবে ৰৈ আছিলোঁ, যেতিয়া বিষ পান কৰিলে তেতিয়া আমি সংযত হৈ থাকিব নোৱাৰিলো। অনিচ্ছা সত্ত্বেও আমাৰ চকুৰ পৰা লোতক বাগৰিবলৈ ধৰিলে ৷ মই নিজৰ মুখখন হাতেৰে ঢাকি পেলালো আৰু কান্দিবলৈ ধৰিলোঁ । মই তেওঁৰ কাৰণে চকুপানী টোকা নাছিলো, এজন যোগ্য মিত্ৰ হেৰুৱাৰ দুৰ্ভাগ্যৰ কাৰণেহে চকুপানী টুকি আছিলো ।

    চকুপানী সম্বৰণ কৰিব নোৱাৰিব বুলি ক্ৰীটো তাৰ পৰা আঁতৰি গ'ল । অপোলোডোৰচে মনে মনে চকুপানী টুকি আছিল আৰু এটা সময়ত তেওঁ জোৰে জোৰে চিঞৰি কান্দিবলৈ ধৰিলে। সি চিঞৰি কন্দাৰ ফলত আমাৰো সংযম টুটি গ'ল।

    সুকৰাত শান্তভাবে ৰৈ আছিল । তেওঁ ক'লে-বন্ধুসকল, মই শুনিছোঁ যে, মানুহ শান্তিপূর্ণভাবে মৰা উচিত ৷ আপোনালোক শান্ত হওঁক আৰু নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক

    আমি যেতিয়া এয়া শুনিলো. তেতিয়া আমি খুব লজ্জিত হ'লো আৰু কন্দাকটা বন্ধ কৰিলো ৷ তেওঁ লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে আৰু তেতিয়ালৈকে খোজ কাঢ়ি থাকিল, যেতিয়ালৈকে তেওঁৰ ভৰি গধুৰ হৈ নুঠিল। পাছত তেওঁ চিত হৈ শান্তভাবে শুই পৰিল, যেনেকৈ তেওঁক কৰিবলৈ কোৱা হৈছিল।

    যিজন মানুহে তেওঁক বিষ দিছিল, কিছু সময় পাছত সি ভৰি আৰু ভৰিৰ তলুৱা পৰীক্ষা কৰিবলৈ ধৰিলে৷ ইয়াৰ পাছত সি সুকৰাতৰ ভৰি জোৰে হেঁচি ধৰি সুধিলে, তেওঁৰ অনুভূতি আছে নেকি ?

    সুকৰাতে উত্তৰ দিলে-নাই।

    তেতিয়া সি তেওঁৰ ভৰিৰ গাঁঠিত হেঁচি ধৰিলে আৰু এইদৰে সি ওপৰ ফালে হেঁচি গৈ থাকিল । সুকৰাতে নিজেও নিজৰ শৰীৰত খেপিয়াই চাবলৈ ধৰিলে আৰু নিজক অনুভূতিহীন পালে । তেতিয়া তেওঁৰ কঁকাললৈকে অনুভূতিহীন হৈ পৰিছিল।

    তেতিয়া সুকৰাতে কলে- ক্ৰীটো, মই একচেলেপিয়চৰ ওচৰত এটি মুগ ঋণী আছো। মনত কৰি তাক মুগটো দি দিবা।

    ক্ৰীটোই কলে- এয়া কৰা হ'ব। আৰু কিবা ইচ্ছা থাকিলে আপুনি কওঁক।

    তেওঁ এই প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। কিছু সময় পাছত তেওঁ জোৰে জোৰে কঁপিবলৈ ধৰিলে। সেই মানুহজনে তেওঁৰ চকুৰ কাপোৰ খুলি দিলে। তেওঁৰ চকু স্থিৰ হৈ গৈছিল। ক্রীটোই লগে লগে তেওঁৰ মুখখন আৰু চকু দুটা বন্ধ কৰি দিলে।*

 

                         সমাপ্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)