নেতাজী সুভাষ চন্দ্র বসু আৰু জাতীয় সংহতি
নেতাজী সুভাষ চন্দ্র বসু আৰু জাতীয় সংহতি
সূচীপত্র
সাম্প্রতিক
প্রেক্ষাপটত গ্ৰন্থমেলাৰ প্ৰাসংগিকতা-
অ'ৰ্লেণ্ডোৰ গণহত্যা- এক পর্যালোচনা-
শব্দ
প্ৰদূষণ মানৱ সমাজৰ কাৰণে অভিশাপ।-
সুভাষ
চন্দ্ৰ বসু আৰু জাতীয় সংহতি-
ভাৰতীয়
ৰাজনীতিত মহাত্মা গান্ধী আৰু
ড০
বাবা চাহেব অম্বেদকৰ-
প্রসংগ
জাঠ আন্দোলন-
নির্বাচন
কেন্দ্রিক মিত্ৰতাই কিমান লাভবান কৰিব অগপ-বিজেপিক?-
কোন
দিশে গণতন্ত্র-
নির্বাচন, পৰিৱৰ্ত্তন আৰু অন্যান্য-
ড্ৰাগ্ছ
সমাজ জীৱন তথা দেশৰ কাৰণে অভিশাপ-
ছাত্রবৃত্তি
বন্ধৰ সিদ্ধান্তই হতাশ কৰিব মুছলমান শিক্ষার্থীক-
চীনৰ
বিৰোধিতাৰ ফলত-
কেন্দ্ৰীয়
কৰ্মচাৰীৰ দৰমহা-
প্রসংগঃ
বাংলাদেশৰ সন্ত্রাসবাদী আক্রমণ-
সম
নাগৰিক অধিকাৰ আইন-
জাকিৰ
নায়েক আৰু তেওঁৰ বিতর্কিত মন্তব্য-
বিচ্ছিন্নতাবাদী
নেতাৰ মুখাৰ আঁৰৰ মুখবোৰ-
বিঃদ্রঃ-
প্ৰৱন্ধবোৰ বিভিন্ন সময়ত বিভিন্ন বাতৰি কাকতত প্ৰকাশিত।
সাম্প্রতিক
প্রেক্ষাপটত গ্ৰন্থমেলাৰ প্ৰাসংগিকতা
সত্ৰ
নগৰী বৰপেটাৰপৰা ৮ কিলোমিটাৰ পশ্চিম দিশত অৱস্থিত শিক্ষা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ
স্বৰূপ জনীয়াৰ অসমৰ ইতিহাসত এখন সুকীয়া আসন আছে। কাৰণ এই জনীয়া বিধান সভা সমষ্টিৰ পৰাই ভাৰতৰ প্ৰথম
গৰাকী অসমীয়া ৰাষ্ট্ৰপতি ফখৰ উদ্দিন আলি আহমেদে দুবাৰকৈ অসম বিধান সভাৰ সদস্যরূপে নির্বাচিত হৈছিল। তদুপৰি বৈষ্ণৱ সংস্কৃতিৰ
পীঠস্থান তথা হিন্দু-মুছলমানৰ মিলনস্থলী জনীয়াই শিক্ষা-সংস্কৃতি-কলা, ব্যৱসায়-বাণিজ্যকে আদি
কৰি বিভিন্ন দিশত বহু কালৰপৰাই পশ্চিম বৰপেটাবাসীক প্রতিনিধিত্ব কৰি আহিছে। এই
ফালৰপৰা চালে জনীয়াই যোগ্য উত্তৰাধিকাৰী হিচাপেই গ্রন্থমেলা আয়োজন কৰিবলৈ লৈছে বুলি ক'ব পাৰি। লেখক,
প্রকাশক তথা
গ্ৰন্থপ্রেমীসকলৰ কাৰণে ই সঁচাকৈয়ে শুভ লক্ষণ। এই ক্ষেত্ৰত বিশেষ উল্লেখযোগ্য কথা
হ’ল, ,
উগ্যোক্তাসকলে এই মেলাৰ
ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লগতে গ্ৰন্থমেলাৰ অধিক উন্নয়ন তথা স্থানীয়
লেখক-লেখিকাসকলক উৎসাহিত কৰাৰ কাৰণে উদ্যোগ ল'ব
লাগিব আৰু তেওঁলোকৰ আন্তৰিক উদ্যোগৰ ওপৰতে গ্ৰন্থমেলাৰ সাৰ্থকতা নিৰ্ভৰ কৰিব।
মেলা
ভাৰতীয় সংস্কৃতিৰ এক সুপ্রাচীন অৱদান। বহু যুগ আগৰপৰাই ভাৰতে বিভিন্ন মেলা আয়োজন
কৰি আহিছে। ইয়াৰ ভিতৰত বিশ্বৰ প্রাচীনতম কুম্ভমেলাকে বিশেষ ভাবে উল্লেখ কৰিব
পাৰি। আমাৰ অসমত বছৰে বছৰে অনুষ্ঠিত হৈ থকা জোনবিল মেলা আৰু ভাৰত-ভূটান মৈত্রী
মেলাও এই ক্ষেত্ৰত বিশেষ ভাবে উল্লেখযোগ্য। ইয়াৰ উপৰিও ভাৰতৰ গাঁৱে-ভূঁৱে ধৰ্মীয়
আৰু ঋতু ভিত্তিক বিভিন্ন মেলা অনুষ্ঠিত হয়। এই
মেলাসমূহত বিভিন্ন খেল-ধেমালি, প্ৰদৰ্শনীৰ লগতে নানাবিধ সামগ্রী বেচা-কিনা হয়। ফলত মেলা
ভাৰতীয় সংস্কৃতিত অর্থনৈতিক আৰু সামাজিক মিলনৰ এক প্রশংসনীয় ফলপ্রসূ অনুষ্ঠান
হিচাপে চিহ্নিত হৈ আহিছে। সেয়ে স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে বাণিজ্য মেলা, গ্রন্থমেলাকে আদি কৰি বিভিন্ন মেলাক জনতাৰ মাজত অধিক
সম্প্ৰসাৰণ কৰাৰ কাৰণে পৃষ্ঠপোষকৰ ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ মাজত গ্রন্থ মেলাও
অন্যতম।
সম্প্রতি
ইলেকট্রনিক যুগত মানুহৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা অভাৱনীয় ধৰণে হ্রাস পাইছে।
ফলত গ্ৰন্থমেলাৰ জৰিয়তে মানুহৰ মাজতঅধ্যয়নৰ মানসিকতা সৃষ্টিৰ বাবে প্ৰয়াস কৰা
হৈছে। এই ক্ষেত্ৰত গ্ৰন্থমেলা বহু পৰিমাণে সফল হৈছে বুলিও ক’ব পাৰি। এইখিনিতে প্ৰশ্নৰ অৱতাৰণা হ’ব পাৰে যে,
গ্ৰন্থ কিনা-বেচাৰ কাৰণে আকৌ
মেলা কিয়? চহৰ-নগৰত থকা গ্ৰন্থৰ বিপণীসমুহ গ্রন্থ
কিনা-বেচাৰ কাৰণে পর্যাপ্ত নহয় নেকি?
এই প্ৰশ্নৰ উত্তৰত ক’ব পাৰি যে,
সচৰাচৰ থকা গ্ৰন্থৰ বিপণী
আৰু গ্ৰন্থমেলাৰ মাজত বিৰাট পার্থক্য বিদ্যমান। গ্ৰন্থৰ বিপণীসমূহত মাথোন
মধ্যভোগীৰ সহযোগত গ্ৰন্থ এখন বিক্ৰী কৰা হয়;
তাত প্ৰকাশক, লেখকৰ উপস্থিতি নাথাকে। ফলত গ্ৰন্থৰ প্ৰকৃত গুণানুগুণ
যাচাই কৰাৰ কাৰণে প্রকাশক তথা লেখকৰ লগত পাঠকে ভাব আদান-প্রদান কৰি গ্ৰন্থ কিনিব
নোৱাৰে। আনহাতে গ্ৰন্থমেলাত প্ৰকাশক,
লেখক উপস্থিত থাকে আৰু পাঠকে
গ্ৰন্থৰ গুণানুগুণ যাচাই কৰাৰ কাৰণে প্ৰকাশক তথা লেখকৰ লগত পোনপটীয়াভাবে ভাব
আদান-প্রদান কৰি গ্ৰন্থ কিনিব পাৰে। তদুপৰি গ্ৰন্থমেলাত দেশ-বিদেশৰ বিভিন্ন
প্রকাশন গোষ্ঠীয়ে অংশ গ্ৰহণ কৰাৰ ফলত পাঠক-পাঠিকাই গ্রন্থমেলাত একেলগে বিভিন্ন
ৰুচিৰ, বিভিন্ন বিষয় বস্তুৰ পটভূমিত ৰচিত বৃহৎ
সংখ্যক গ্ৰন্থ দেখাৰ সৌভাগ্য হয়। ইফালে মূল্যৰ ক্ষেত্ৰতো কিছু ৰেহাই থাকে। ফলত
পাঠক-পাঠিকাগ্ৰন্থ কিনাৰ বাবে অধিক উৎসাহিত হয়। লগতে স্থানীয় লেখক- লেখিকাসকলেও
মেলাত অংশ গ্ৰহণ কৰি প্ৰতিষ্ঠিত লেখক-লেখিকাৰ লগত ভাব বিনিময় কৰি নতুন নতুন
গ্ৰন্থ প্ৰণয়নৰ বাবে উদ্যমী হ’ব পাৰে। তদুপৰি গ্রন্থমেলাত বিভিন্ন
বিষয়বস্তুৰ ওপৰত আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰসমূহত অংশ গ্রহণ কৰিও
মানুহ উপকৃত হ’ব পাৰে। গ্ৰন্থমেলাত লেখক আৰু প্ৰকাশকে পাঠকৰ
ৰুচি-অভিৰুচিৰ বিষয়েও অৱগত হ'ব পাৰে। এই সমূহ দিশৰ প্ৰতি লক্ষ্য কৰিলে
গ্রন্থমেলা সাম্প্ৰতিক সময়ৰ কাৰণে খুবেই প্ৰাসংগিক আৰু ইয়াৰ ক্ষেত্ৰও অধিক বহল, ব্যাপক আৰু আকর্ষণীয় বুলি ক'ব পাৰি।
গ্রন্থমেলা
আমাৰ কাৰণে নতুন হলেও ১৪৬২ চনতে জার্মানীৰ ফ্ৰেংকফোটত গ্ৰন্থৰ প্ৰদৰ্শনী অনুষ্ঠিত
হৈছিল বুলি জনা যায়। ফ্রেকফোটৰ উক্ত গ্রন্থ প্ৰদৰ্শনী প্ৰায় এশ বছৰকাল চলাৰ পাছত
স্থান সলনি কৰি লিপজিগ্লৈ নিয়া হৈছিল। লিগজিত উক্ত প্রদর্শনী একেলেঠাৰিয়ে কে’বা শতক চলাৰ পাছত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এই
গ্ৰন্থমেলা কে’বা বছৰ বন্ধ আছিল। পুনৰ ১৯৪৯ চনৰপৰা
গ্ৰন্থমেলা আৰম্ভ কৰা হয়। বিশ্বৰ প্ৰায় সকলোবোৰ দেশেই এই গ্ৰন্থ মেলাত অংশ গ্ৰহণ
কৰিছিল। কিন্তু এই গ্ৰন্ধমেলাত পাঠকৰ কাৰণে গ্রন্থ কিনাৰ সুবিধা নাছিল। মূলতঃ
ইয়াত গ্ৰন্থ ব্যৱসায়ৰ লগত জড়িত মানুহেহে মাথোন অংশ গ্ৰহণ কৰিছিল। তথাপিও এই
গ্রন্থমেলাই লেখক-প্রকাশকসকলৰ কাৰণে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে পাঠক-পাঠিকাৰ
কাৰণে নতুন দিগন্ত উন্মোচন কৰিছিল।
১৯৭২
চনত ইউনেস্কোৰ উদ্যোগত ‘A
good book is a good friend' বাণীৰে
প্ৰথম বাৰৰ কাৰণে আন্তর্জাতিক গ্রন্থবর্ষ উদযাপন কৰা হয়। শিক্ষা ও সংস্কৃতিৰ
অগ্ৰগতি তথা প্ৰসাৰৰ ক্ষেত্ৰত গ্ৰন্থই কিদৰে ফলপ্ৰসূ ভূমিকা ল’ব পাৰে আন্তর্জাতিক গ্রন্থবৰ্ষত সেই বিষয়ে সর্বসাধাৰণক
অৱগত কৰা হৈছিল। এই বাণীৰ আলোকতে আলোকিত হৈ ১৯৭২ চনত দিল্লীত প্রথম বিশ্ব
গ্ৰন্থমেলা অনুষ্ঠিত হয় আৰু আন্তর্জাতিক স্তৰৰ প্ৰকাশন গৈাষ্ঠীৰ লগত আমাৰ দেশৰ
পাঠক-পাঠিকাৰ পোনপটীয়া যোগসূত্র স্থাপন হয়। আমাৰ লেখক-লেখিকা তথা প্রকাশন
গোষ্টীসমূহেও ইয়াৰ আলোকত নতুন ৰূপত নতুন সাজত ও নতুন প্ৰেৰণাৰে গ্ৰন্থ প্রণয়ন ও
প্রকাশৰ প্ৰতি মনোনিবেশ কৰে। বৰ্তমান প্ৰতি বছৰে চৰকাৰৰ পৃষ্ঠপোষকতাত দিল্লীত
আন্তর্জাতিক গ্রন্থমেলা অনুষ্ঠিত হৈ আছে।
আমাৰ
অসমৰ প্ৰজ্ঞাৰ জগতখনক অসম সাহিত্য সভাই বহুকাল আগৰপৰাই প্রতিনিধিত্ব কৰি আহিছে।
গ্ৰন্থৰ প্ৰতি মানুহক আকৃষ্ট কৰাৰ কাৰণে অসম সাহিত্য সভাই ১৯১৭ চনৰ পৰা বছৰে বছৰে
ভিন ভিন ঠাইত সাহিত্য সভা অনুষ্ঠিত কৰি আহিছে। প্ৰকাশক, লেখক-লেখিকা তথা পাঠক- পাঠিকাক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাৰ
কাৰণে সাহিত্য সভাৰ অধিবেশনসমূহত গ্রন্থ প্রকাশ আৰু প্ৰদৰ্শনীৰ এক পৰম্পৰা প্ৰচলিত
হৈ আছিল। আন্তর্জাতিক গ্ৰন্থমেলাৰ দ্বাৰা উদ্ধুদ্ধ হৈ ১৯৮৪ চনত অসম প্ৰকাশন পৰিষদ
আৰু নেচনেল বুক ট্রাষ্টে চৰকাৰৰ পৃষ্ঠপোষকতাতযুটীয়াভাবে গুৱাহাটীত পোন প্রথমে গ্রন্থমেলাৰ
আয়োজন কৰে। তেতিয়াৰে পৰা গুৱাহাটীত প্রতি বছৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে। এই
গ্ৰন্থমেলাৰ সাফল্যত অনুপ্রাণিত হৈয়ে সম্প্রতি অসমৰ বিভিন্ন সৰু-বৰ চহৰত
ধাৰাবাহিকভাবে গ্রন্থমেলা অনুষ্ঠিত হৈ আছে আৰু প্ৰজ্ঞাৰ ক্ষেত্ৰখনত নতুন দিগন্ত
সূচনা কৰিছে। এই গ্রন্থমেলাই মানুহৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা বৃদ্ধি কৰাৰ
লগতে গ্রন্থ কিনাৰ প্ৰতিও আগ্রহ বৃদ্ধি কৰিছে। প্ৰজ্ঞাৰ জগতখনৰ কাৰণে সঁচাকৈয়ে ই
এক শুভ লক্ষণ।
গ্ৰন্থ
মানুহৰ পৰম বন্ধু, শিক্ষক তথা পথপ্রদর্শক। অৱসৰ সময়ত গ্ৰন্থতকৈ আমাৰ কোনো পৰম হিতৈষী বন্ধু নাই।
গ্ৰন্থই আমাৰ মনোৰঞ্জন কৰাৰ লগতে প্ৰয়োজনত মনত প্ৰশান্তি প্ৰদান কৰে।
প্ৰকৃত বন্ধুৰ দৰে আমাৰ হৃদয়ত সহানুভূতিশীলতা জগাই তোলে। আত্মবিশ্বাসৰ লগতে সৎ
প্রবৃত্তিসমূহক জগাই তুলি প্রকৃত মানুহ হিচাপে প্ৰক্ষেপ কৰে। মানুহক জীৱশ্ৰেষ্ট
বুলি কোৱা হয়। কিন্তু মানুহ জীৱশ্ৰেষ্ট কেনেকৈ হ'ল? বৈজ্ঞানিকসকলে বিভিন্ন ধৰণে পৰীক্ষা-নিৰীক্ষা কৰি মতামত
আগবঢ়াইছে যে, ধাৰাবাহিক চিন্তা-চৰ্চাৰ ক্ৰম বিকাশৰ ফলতহে
মানুহে নিজক জীৱশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। এই চিন্তা-চৰ্চাৰ
ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে গ্ৰন্থই। আনহাতে গ্রন্থ হৈছে প্ৰজ্ঞা বিকেন্দ্ৰীকৰণৰ
শ্ৰেষ্ঠ মাধ্যম। মৌমাখিয়ে ফুলে ফুলে উৰি মৌ সংগ্ৰহ কৰি মৌচাক গঢ়াৰ দৰে লেখকে
নিজৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে গ্ৰন্থৰ মৌচাক গঢ়ি তোলে আৰু পঢ়ুৱৈ সমাজে সেইসমূহ
গ্ৰন্থ অধ্যয়ন কৰি অনাবিল আনন্দ লাভ কৰাৰ লগতে নিজৰ প্ৰজ্ঞাৰ পৰিধি প্রশস্ত কৰে।
যান্ত্রিক সভ্যতাৰ অৱদান ভোগবাদী মানসিকতাই সম্প্রতি মানুহক যান্ত্ৰিক কৰি তোলাৰ
লগতে আত্মকেন্দ্ৰিকো কৰি তুলিছে। ফলত মানুহৰ মাজত মানবিক প্ৰমূল্যবোধৰ অৱক্ষয়
ঘটিছে। নৈতিকতাৰ স্খলন হৈছে। গোষ্ঠী সংঘর্ষ, হত্যা,
সন্ত্রাস, ধর্ষণে সমগ্র বিশ্বক মানবতাৰ বধ্যভূমিত পৰিণত কৰিছে। এই
ক্ষেত্ৰত একমাত্র গ্রন্থইহে মানুহৰ মাজত মানবিক প্রমূল্যবোধ জগাই তোলাৰ কাৰণে
ফলপ্রসূ ভূমিকা ল'ব পাৰে। এই কাম তেতিয়াই সম্ভৱ হ’ব যেতিয়া মানুহৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা সৃষ্টি কৰা
সম্ভৱ হ'ব। ইফালে পাঠকৰ আস্থা আৰু ৰুচিৰ ওপৰতে লেখক
তথা প্রকাশন গোষ্ঠীসমূহ বৰ্তি থাকে। লেখক আৰু প্ৰকাশকসকল যিমানে অধিক পাঠক-পাঠিকাৰ
কাষ চাপি যাব পাৰিব সিমানে অধিক পাঠক-পাঠিকাৰ ৰুচি-অভিৰুচিৰ বিষয়ে অৱগত হ’ব পাৰিব আৰু সেই অনুসৰি গ্ৰন্থ প্রণয়ন তথা প্ৰকাশৰ কাৰণে
উদ্যমী হ’ব পাৰিব। গ্রন্থমেলাই এই ক্ষেত্ৰত ত্ৰিবেণী
সংগমৰ ভূমিকা পালন কৰে। সেয়ে গ্রন্থমেলাৰ প্ৰাসংগিকতা দিনে দিনে বৃদ্ধি পাই আছে।
জনীয়াৰ গ্ৰন্থমেলাই এই অঞ্চলৰ পাঠক-পাঠিকা,
লেখক-লেখিকা তথা প্রকাশকৰ
বাবে নৱ দিগন্ত উন্মোচন কৰিব বুলি আশা কৰিব পাৰি
(স্মৃতিগ্ৰন্ধ
জনীয়া গ্রন্থমেলা/২০১৪)
অ'ৰ্লেণ্ডোৰ গণহত্যা- এক পর্যালোচনা
আমেৰিকা
যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ অ’লেণ্ডো চহৰৰ পালচ্ নামৰ নৈশ ক্লাৱত সমকামীসকলৰ
এখন অনুষ্ঠানত ২০১৬ চনৰ ১২ জুনৰ শনিবাৰে পুৱতি নিশা ওমৰ মতিন নামৰ এজন বিকৃত
মানসিকতাৰ সন্ত্ৰাসবাদীয়ে আক্রমণ চলোৱা ঘটনাই সমগ্ৰ বিশ্বত জোকাৰণি সৃষ্টি কৰিছে।
বিভিন্ন বাতৰিত প্ৰকাশ পোৱা অনুসৰি মতিন উক্ত বাৰত দোকমোকালি ২-০০ বজাত প্ৰৱেশ কৰি
২.২২ বজাত হঠাৎ গুলীয়াবলৈ আৰম্ভ কৰে আৰু ধাৰাবাহিকভাবে গুলী বর্ষণ কৰি ৪৯ জন লোক
নিহত কৰাৰ লগতে আন ৫৩ জন লোকক আহত কৰে। গুলীয়াগুলী সংঘটিত কৰাৰ সময়ত ক্লাৱটোত
৩২০ জন লোক মজুত আছিল। এতিয়ালৈকে মুছলিম আক্ৰমণকাৰীয়ে আমেৰিকাত প্রায় ৭১ বাৰ
আক্ৰমণ চলাইছে। ইয়াৰে ২০০১ চনৰ ৯ চেপ্তেম্বৰৰ আক্ৰমণ আছিল আটাইতকৈ ভয়াৱহ। ২০০১
চনৰ আক্ৰমণত সাধাৰণ নাগৰিক,
সুৰক্ষা কৰ্মী, অগ্নি নির্বাপক বাহিনীকে আদি কৰি বিভিন্ন বৃত্তিৰ ২৯৯৭ জন
লোক নিহত হোৱাৰ বিপৰীতে আন ২০০ জনলোক মাৰাত্মকভাবে আঘাতপ্রাপ্ত হৈছিল। ২০০১ চনৰ ৯
চেপ্তেম্বৰৰ আক্ৰমণৰ পাছত ১২ জুনৰ আক্ৰমণক আটাইতকৈ ভয়াৱহ আক্রমণ হিচাপে চিহ্নিত
কৰা হৈছে। মার্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাই যোৱা বৃহস্পতি বাৰে অ’লেণ্ডোলৈ গৈ মৃত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে
পৰিয়ালৰ লোকৰ লগত ভাৱ বিনিময় কৰিছে। ওবামাই এই আক্রমণক ‘ঘৃণা আৰু সন্ত্ৰাস’
বুলি আখ্যায়িত কৰিছে আৰু
দেশৰ চৰকাৰী কাৰ্যালয়সমূহত ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰাখিবলৈ নিৰ্দ্দেশ
দিছে। ‘ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্বন’ চমুকৈ এফ বি আয়ে ইয়াক প্রতিহিংসাবশতঃ সংঘটিত কৰা অপৰাধ
আৰু আতংক্ৰবাদী আক্রমণ বুলি উল্লেখ কৰিছে। আক্ৰমণৰ কে’বা ঘণ্টা আগতে মতিনে স্প্রিংগ নামৰ ৰেস্তোৰাঁ আৰু
এন্টাৰটেইনমেন্ট কমপ্লেস্কলৈ গৈছিল বুলি অনুসন্ধান এজেঞ্চীয়ে উল্লেখ কৰিছে; কিন্তু কিয় তালৈ গৈছিল এই বিষয়ে কোনো তথ্য লাভ কৰা নাই।
এচ ডব্লিউ এ টিৰ আক্ৰমণ ৰাতিপুৱা পাঁচমান বজাত মতিন নিহত হৈছে।
ওমৰ
মতিন বৃত্তিত এজন চিকিউৰিটি গাৰ্ড আছিল। জন্ম ১৯৮৬ চনৰ ১৬ নৱেম্বৰত নিউইয়র্কৰ নিউ
হাইড পাৰ্কত। তেওঁৰ দেউতাকৰ নাম মীৰ ছিদ্দিক মতিন। তেওঁ আফগান বংশোদ্ভৱ। ২০০৮ চনত মতিন
উজবেকিস্তানৰ চিতোৰা ইউছুফিৰ লগত বিবাহ পাশত আৱদ্ধ হয়; কিন্তু মতিনৰ উগ্ৰ স্বভাৱৰ বাবে চিতোৰাই চাৰিমাহ পাছতে
মতিনক ত্যাগ কৰি পিতৃগৃহলৈ গুচি যায় আৰু ২০১১ চনত সিহঁতৰ লগত বিবাহ বিচ্ছেদ ঘটে।
এই বিবাহ বিচ্ছেদৰ পাছত মতিনে পুনৰ নুৰ জুহী চলমান নামৰ এগৰাকী ছোৱালীৰ লগত বিবাহ
পাশত আৱদ্ধ হৈছে। সিহঁতৰ এটি তিনি বছৰীয়া ল’ৰাও আছে। মীৰ ছিদ্দিকে পুতেকৰ সমৰ্থনত কৈছে যে, মতিনৰ এই আক্ৰমণত ধৰ্ম আৰু আতংকৰ লগত কোনো সম্পর্ক নাই।
সমকামীসকলৰ প্ৰতি থকা বিতৃষ্ণাই এই আক্ৰমণৰ কাৰণ । হাইস্কুলৰ বন্ধুসকলেও মতিনৰ
সমকামীসকলৰ প্ৰতি বিতৃষ্ণা থকাৰ কথা উল্লেখ কৰিছে। মতিনৰ লগত সিহঁতৰ কোনো ধৰণৰ সংঘাত
নাছিল বুলি সহকৰ্মীসকলে উল্লেখ কৰিছে। ফোর্ট পিয়াৰ্চ ইচলামিক চেন্টাৰৰ ইমাম
শ্বফিক ৰহমানে উল্লেখ কৰিছে যে,
মতিন সপ্তাহত তিনি চাৰিদিন
মছজিদলৈ গৈছিল। ঘটনাৰ দুদিন আগত সি তাৰ দেউতাক আৰু তিনি বছৰীয়া পুতেকৰ লগত
মছজিদলৈ গৈছিল। মতিন খুবেই শান্ত স্বভাৱৰ আছিল আৰু সি নামাজ পঢ়িয়ে গুচি গৈছিল।
কিন্তু তাৰ ২৭ বছৰীয়া প্ৰথমা পত্নী চিতোৰা ইউছুফিৰ ভাষ্য সম্পূর্ণ ভিন্ন। তাইৰ
মতে মতিন ভাৱনাত্মক মানসিক বেমাৰী আৰু অত্যধিক খঙাল প্ৰকৃতিৰ লোক আছিল। সাধাৰণ
কথাতে তাইক মাৰপিট কৰিছিল। পাছত জীৱনৰ প্ৰতি ভাবুকি অহাত তাই পিতৃগৃহলৈ গুচি যাবলৈ
বাধ্য হৈছিল। ফলত সিহঁতৰ বৈবাহিক জীৱন মাথোন চাৰিমাহহে স্থায়ী হৈছিল। চিতোৰাৰ
ভাষ্য অনুসৰি মতিন খুবেই খঙাল “প্ৰকৃতিৰ আছিল আৰু সেয়ে সি আক্রোশবশতঃ
সমকামীসকলক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে বুলি ভাবিব পাৰি। কিন্তু অনুসন্ধান
এজেঞ্চীয়ে লাভ কৰা তথ্য অনুসৰি সি আক্রোশবশতঃ নহয়, বৰং
আইছিছৰ প্রতি আনুগত্য প্রকাশ কৰিবলৈহে এই ঘটনা সংঘটিত কৰিছে বুলি ধাৰণা কৰা হৈছে।
কিয়নো
অনুসন্ধান এজেঞ্চীয়ে লাভ কৰা তথ্য অনুসৰি ঘটনা সংঘটিত কৰাৰ আগতে মতিন ১৬ বাৰ ফোনত
কথা পাতিছিল। ইয়াৰে তিনিটা ফোন কৰিছিল আইছিছৰ জৰুৰীকালীন ৯-১-১নম্বৰত। ফোনত সি
আইছিছ আৰু আবু বক্কৰ আল বাগদাদীৰ প্রতি আনুগত্য প্রকাশ কৰিছিল। এটা ফোন সি স্থানীয়
টিভি চেনেললৈকো কৰিছিল। মতিনৰ পাঁচটা ফেচবুক একাউন্ট আছিল। ১২ জুনত পালত আক্রমণ
কৰাৰ আগতে সি গুলীৰ বিষয়ে কে’বাবাৰো ফেচবুকত চৰ্চা কৰিছিল। আক্ৰমণৰ
আগমুহূৰ্তত সি আইছিছৰ প্ৰতি আনুগত্যৰ সংকল্প লৈছিল। সি ফেচবুকত লেখিছে- ‘আমেৰিকা আৰু ৰাচিয়াই আইছিছৰ বিৰুদ্ধে আক্রমণ বন্ধ কৰক। মই
আইছিছ প্রধান আবু বক্কৰ আল বাগদাদীৰ প্রতি আনুগত্যৰ সংকল্প ললো। সি আৰু লেখিছে-
প্রকৃত মুছলমানে কেতিয়াও পশ্চিমীয়া অশ্লীল উপায় গ্রহণ নকৰিব। তোমালোকে বিমান
আক্রমণ কৰি নিৰীহ মহিলা আৰু ল'ৰা-ছোৱালীক হত্যা কৰিছা। এতিয়া আইছিছৰ শাস্তি
ভোগ কৰা।' আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্বনৰ
পৰিচালক জেমচ্ কোমিয়ে কৈছে- মতিনে আক্রমণ সংঘটিত কৰাৰ সময়ত কৰ্ত্তপক্ষক যোগাযোগ
কৰি যিবোৰ কথা জনাইছে তাৰ মাজত বোষ্টনত আক্রমণ চলোৱা ভাইসকল আৰু চিৰিয়াৰ নুচৰা
ফ্ৰন্টৰ পক্ষত আত্মঘাতী বোমাত অংশ গ্রহণ কৰা ফ্লৰিডাৰ আন এগৰাকী ব্যক্তিৰ প্রতি
সমর্থন প্ৰকাশ কৰিছিল। অৱশ্যে এই বিষয়ে তেওঁলোকে কোনো তথ্য সদৰি কৰিবপৰা নাই।
ইয়াৰ আগতো সন্ত্রাসবাদীৰ লগত যোগাযোগ থকাৰ সন্দেহত আমেৰিকাৰ চোৰাংচোৱা সংস্থাই
২০১৩ আৰু ২০১৪ চনত মতিনক দুবাৰ জেৰা কৰিছে;
কিন্তু কোনো উল্লেখযোগ্য
তথ্য সংগ্ৰহ কৰিব নোৱাৰি মতিনক এৰি দিছিল। আমেৰিকাত সম্প্ৰতি ৩০ লাখমান মুছলমান
আছে। ইয়াৰে ছয় হাজাৰ জন যুৱক। এই ছয় হাজাৰ যুৱকৰ ভিতৰত ৩০০ জনৰ আইছিছৰ লগত
সম্বন্ধ আছে বুলি আমেৰিকাৰ চোৰাংচোৱা সন্থাই সন্দেহ কৰিছে। ফলত আমেৰিকাৰ চোৰাংচোৱা
সন্থাই আইছিছৰ লগত মতিনৰ সম্পৰ্কৰ তথ্য উদ্ঘাটন কৰিবলৈ উঠিপৰি লাগিছে।
দ্বিতীয়
বিশ্বযুদ্ধৰ পাছৰ পৰা আমেৰিকাত বন্দুক সংস্কৃতি গা কৰি উঠিছে। আমেৰিকাৰ মুঠ জনসংখ্যা
সম্প্ৰতি ৩২ কোটী। শুনিবলৈ আচৰিত যেন লাগিলেও আমেৰিকাত বৰ্তমান ২৮ কোটী মানুহৰ
বন্দুক আছে। এক তথ্য অনুসৰি ২০১৩ চনত আমেৰিকাত ১ কোটী ৮০ লাখ বন্দুক প্রস্তুত কৰা হৈছিল।
নিত্য প্রয়োজনীয় বস্তু কিনাতকৈও সহজে আমেৰিকাত বন্দুক কিনিব পাৰি। কাৰণ আমেৰিকাত
বন্দুক ৰখাৰ কাৰণে কোনো অনুজ্ঞাপত্ৰৰ আৱশ্যক নহয়। যিকোনো মানুহে বাধাহীনভাবে
বন্দুক কিনিব পাৰে। ফলত কিছু বছৰৰ পৰা আমেৰিকাত গুলীয়াগুলীৰ ঘটনাত বহু মানুহ
মৃত্যু মুখত পৰিছে। ২০১৪ চনত আমেৰিকাত ১২,৫৭০ জন লোক গুলীয়াগুলীৰ ঘটনাত নিহত হৈছে।
২০১৫ চনত প্ৰতিদিনে ৩৫ জন লোক বন্দুকৰ গুলীত নিহত হৈছে বুলি এক তথ্যত প্ৰকাশ
পাইছে। বাৰাক ওবামাৰ আঠ বছৰীয়া শাসন কালত ১৬ টা নৃশংস আক্রমণ সংঘটিত হৈছে আৰু তাত
বহু নিৰীহ লোকৰ প্ৰাণহানি হৈছে। ফলত এই আক্ৰমণৰ কাৰণে বহুতে আমেৰিকাৰ বন্দুক
সংস্কৃতিকো জগৰীয়া কৰিব খোজে।
আমেৰিকাত
সম্প্ৰতি ৩০ লাখ মুছলমান আৰু ২০ লাখ হিন্দু আছে। আমেৰিকাত কোনো সন্ত্রাসী আক্রমণ
সংঘটিত হ’লে প্রথমতে মুছলমান আৰু শিখসকলক আক্ৰমণৰ
লক্ষ্য কৰি লোৱা হয়। ফলত অর্লেণ্ডোত সংঘটিত কৰা গুলীয়াগুলীৰ পাছতো মুছলমান আৰু
শিখসকল স্বাভাৱিকতে আতংকিত হৈ পৰিছে। শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে নাগৰিক
সভাও অনুষ্ঠিত কৰা হৈছে। জাতি-ধর্ম নির্বিশেষে এই জঘন্য আক্রমণক একমুখে ধিক্কাৰ
দিছে। মতিনৰ চহৰ পোৰ্ট পিয়াৰ্চৰ মুছলমান বাসিন্দাসকলে নানা ধৰণৰ ভাবুকি পোৱা বুলি
প্ৰকাশ কৰিছে। সেই চহৰৰ পাকিস্তানী বংশোদ্ভৱ বদৰ বখ্তে জনাইছে যে, আমি আতংকিত হৈ আছো। এই সম্পৰ্কে আমেৰিকা কৰ্ত্তপক্ষই যোৱা
বুধবাৰ অৰ্থাৎ পোন্ধৰ জুনত সতৰ্ক কৰি দিছে যে, মুছলমানৰ
বিৰুদ্ধে কোনো ধৰণৰ ভাবুকি সহ্য কৰা নহ'ব। অ’লেণ্ডোত যি ঘটনা সংঘটিত হৈছে ইয়াৰ কাৰণে কোনো
দুর্ঘটনা সংঘটিত কৰিলে তাৰ বিচাৰ কৰা হ’ব। মার্কিন এটর্ণি বেল্টানে জনাইছে যে, মুছলমানসকলক ভাবুকি দিয়াটো ঠিক নহ'ব। এইবোৰ অবৈধ। এইবোৰ বন্ধ কৰিব লাগিব। এইবোৰ বন্ধ কৰিবলৈ
আইন- শৃংখলা ৰক্ষাকাৰী বাহিনীয়ে পদক্ষেপ ল’ব।
এমুঠি
মুছলিম সন্ত্রাসবাদীয়ে সংঘটিত কৰা আক্ৰমণ তথা নৰহত্যাৰ ফলত বিশ্বৰ সমগ্ৰ মুছলিম
সমাজ লজ্জানত তথা হীনমান্যতাত ভুগিব লগা হৈছে। ফলত অ’লেণ্ডোৰ এই আক্রমণক মুছলিম সমাজে একমুখে ধিক্কাৰ জনোৱা
উচিত।
(জনসাধাৰণ/১৮-০৬-১৬)
শব্দ
প্ৰদূষণ মানৱ সমাজৰ কাৰণে অভিশাপ।
জল
প্রদূষণ, ভূমি প্রদূষণ, বায়ু
প্ৰদূষণ আদিৰ সমান্তৰালভাবে ধ্বনি প্ৰদূষণো জীৱজগতৰ বাবে ভাবুকি স্বৰূপ। ধ্বনি
প্ৰদূষণ হ’ল বায়ুমণ্ডলীয় বা বাতাৱৰণীয় প্ৰদূষণ। জল
প্ৰদূষণ আৰু ভূমি প্ৰদূষণে আমাৰ জীৱনকাল চমু চপাই আনে আৰু ধ্বনি প্ৰদূষণে আমাৰ
শান্তি বিঘ্নিত কৰে।
আমি
ধ্বনি জগতত বাস কৰি আছো। প্রতিদিন ৰাতিপুৱাৰপৰা সন্ধিয়ালৈকে আৰু সন্ধিয়াৰপৰা
পৰৱৰ্ত্তী ৰাতিপুৱালৈকে আমি নানা ধৰণৰ শব্দ শুনি থাকো। ধ্বনি শূন্য পৃথিবীত বসবাস
কৰা আমাৰ কাৰণে সম্ভৱ নহয়। সংগীতৰ ধ্বনি,
চৰাইৰ কাকলি, প্ৰিয়জনৰ বাৰ্তালাপ সুখকৰ- শ্রুতিমধুৰ। মানুহৰ কৰুণ বিলাপ, চিঞৰ বাখৰ,
হুইচেলৰ তীব্র শব্দ, ৰে'ল-মটৰৰ ইঞ্জিনৰ শব্দ, কাৰখানাত ব্যৱহৃত যন্ত্রপাতি, উৰাজাহাজৰ শব্দ,
সম্প্রতি বহুল ব্যৱহৃত টেক্টৰ, জে,চি,বি,
ফটকা আদিৰ শব্দ অতি ককৰ্শ
আৰু পীড়াদায়ক। এইবোৰ ধ্বনিয়ে আহ্লাদিত কৰাৰ পৰিৱৰ্ত্তে আমাক পীড়া আৰু ক্লেশহে
দিয়ে। প্ৰতিটো ধ্বনিৰ সুৰো বিচিত্র। এটা ধ্বনিৰপৰা আনটো ধ্বনি পৃথক। ধ্বনি এটা
শুনাৰ লগে লগে আমি কৈ দিব পাৰো ধ্বনিৰ উৎসৰ কথা। প্রথমাৱস্থাতবিশেষ বিশেষ ক্ষেত্র
যেনে- মিল, ফেক্টৰী বা কাৰখানা আদিলৈকে ধ্বনি প্ৰদূষণ
সীমিত আছিল। কিন্তু সম্প্ৰতি ভূ-মণ্ডলৰ প্ৰতিটো ক্ষেত্ৰলৈকে ইয়াৰসম্প্ৰসাৰণ হৈছে।
জনসংখ্যা বৃদ্ধি আৰু মানুহৰ চহৰমূখী প্ৰৱণতাৰ ফলত চহৰাঞ্চলত এই প্ৰদূষণৰ মাত্ৰা
অধিক বৃদ্ধি পাইছে।
এক
তথ্যৰপৰা আমাৰ দেশৰ চাৰিখন মহানগৰীৰ ধ্বনি তীব্রতা তলত দিয়া ধৰণে দেখা যায়-
দিল্লী-দিনত
৭৩ আৰু ৰাতি ৬৮ ডেচিবল।
কলিকতা-
দিনত ৮৬ আৰু ৰাতি ৭২ ডেচিবল।
মুম্বাই-
দিনত ৭৭ আৰু ৰাতি ৬৭ ডেচিবল।
চেন্নাই-
দিনত ৭৮ আৰু ৰাতি ৭০ ডেচিবল।
আমাৰ
অসমৰ প্ৰধান মহানগৰ গুৱাহাটীৰ ধ্বনি তীব্রতা এইসমূহ চহৰতকৈ হয়তো বৰ বেছি পিচপৰি
থকা নাই।
এটা
সময়ত শান্তিৰ আধাৰ হিচাপে বিবেচিত গ্ৰাম্যাঞ্চলো সম্প্রতি এই শব্দ প্ৰদূষণৰপৰা
মুক্ত নহয়। টেক্টৰ, জে,চি,পি,
ডাম্পাৰ আদিৰ লগতে অত্যাৱশ্যকীয়
বিনোদনৰ সামগ্ৰী ৰেডিও, টিভি,
লাউড স্পীকাৰ, টেপ ৰেকৰ্ডাৰ আদিৰ বহুল আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰৰ ফলত
সম্প্রতি গ্ৰাম্যাঞ্চলতো ধ্বনি প্ৰদূষণৰ মাত্ৰা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে।
বায়ুত
হোৱা কম্পনৰপৰা ধ্বনি সৃষ্টি হয়। শান্ত পুখুৰীত শিলগুটি এটা দলিয়াই দিলে ঢৌ
সৃষ্টি হোৱাৰ দৰে বায়ুমণ্ডলত কোনো শব্দ প্ৰক্ষেপ হ’লে
বায়ুস্তৰত
ঢৌৰ দৰে কম্পন সৃষ্টি হয় আৰু সেই কম্পন প্ৰাৱল্য আমাৰ কাণৰ পৰ্দাত আঘাত কৰি মগজু
স্পৰ্শ কৰিলে আমি কোনো এটা ধ্বনি শুনিবলৈ পাও। ধ্বনি প্রবাহৰ মাধ্যম হ’ল বায়ু। তৰল বা কঠিন পদাৰ্থৰ মাজেৰেও ধ্বনি তৰংগ প্রবাহিত
হয়। ধ্বনি তৰংগত প্রতি চেকেণ্ডত যিমান কম্পন হয় সেয়াই ধ্বনি তৰংগৰ প্ৰাৱল্য বা
আবৃত্তি। প্ৰাৱল্য যিমানে কম হয় ধ্বনি সিমানে মন্থৰ হয়। প্ৰাৱল্যৰ মাত্ৰা অধিক হ’লে ধ্বনিৰ মাত্ৰাও অধিক হয়। প্রতি চেকেণ্ডত ধ্বনিৰ কম্পন
প্ৰাৱল্য ১৫ ডেচিবল হ'লেহে আমি শব্দ শুনিবলৈ পাও। ইয়াতকৈ কম
প্ৰাৱল্যৰ ধ্বনি আমাৰ কৰ্ণগোচৰ নহয়। আটাইতকৈ নিম্ন প্ৰাৱল্যৰ ধ্বনি হ'ল পৰুৱাৰ চলাচল। তীব্র আবৃত্তিৰ ধ্বনি হ’ল উৰাজাহাজ আৰু কামানৰ শব্দ। দূৰত্বৰ লগত ধ্বনিৰ প্ৰভাৱ
জড়িত। ধ্বনি তৰংগ ওচৰত হ’লে শব্দৰ গতি তীব্র হয়। ধ্বনি তৰংগৰ দূৰত্ব
বঢ়াৰ লগে লগে ধ্বনিৰ মাত্ৰা মন্থৰ হয়।
ধ্বনি
কম্পন নিয়মিত বা নিৰ্দ্দিষ্ট অন্তৰালত হৈ থাকিলে শ্ৰৱণপ্ৰিয় বা মধুৰ অনুভূতি
জগায়। যেনে- সংগীতৰ সুৰ। কম্পন অনিয়ন্ত্ৰিত অৰ্থাৎ যাৰ আবৃত্তি কেতিয়াবা বেছি
আৰু কেতিয়াবা কম হয় সেয়া শুনি আমি ভাল নাপাওঁ অৰ্থাৎ আমাৰ বাবে পীড়াদায়ক।
হঠাৎ সংঘটিত হোৱা তীব্র শব্দ আমাৰ বাবে খুবেই আমনিদায়ক আৰু বিপজ্জনক। হঠাৎ উৰি
অহা জেট বিমান আৰু ফটকাৰ শব্দ ইয়াৰ উদাহৰণ। এইবোৰ শব্দই আমাৰ শৰীৰত কেনেদৰে আতংকৰ
সৃষ্টি কৰে এই অভিজ্ঞতা আমাৰ সকলোৰে কম বেছি আছে। মই এনেকুৱা ল'ৰা-ছোৱালীও দেখিছো যিসকলে ফটকাৰ শব্দ শুনিলে ভয়ত পেচাপ
কৰি দিয়ে। ধ্বনিয়ে পানী বা ভূমি প্রদূষণ নকৰে। ইয়াৰ কু-প্ৰভাৱ জীৱজগত বিশেষকৈ
মানৱ সমাজৰ ওপৰত পৰে।
বৈজ্ঞানিক
সকলে ধ্বনি তীব্রতা জুখি উলিয়াইছে। ধ্বনি তীব্রতা জোখৰ একক হৈছে ‘ডেচিবল’। মানুহৰ কাণে সুগমতাপূর্বক
গ্ৰহণ কৰিবপৰা ধ্বনিৰ এক নিৰ্দ্ধাৰিত সীমা আছে। নিৰ্দ্দিষ্ট সীমাতকৈ তীব্র মাত্ৰাৰ
ধ্বনিয়ে মানুহৰ শৰীৰত কু-প্ৰভাৱ পেলায়। ধ্বনিৰ মাত্রা ১০ ডেচিবলতকৈ অধিক তীব্র
হলে ইয়াৰ তীব্ৰতা ১০ গুণ বৃদ্ধি পায়। ধ্বনিৰ মাত্ৰা ২০ ডেচিবল বাঢ়িলে ইয়াৰ
তীব্রতা ১০০ গুণ বৃদ্ধি পায়। ৩০ ডেচিবল বাঢ়িলে তীব্রতা ১০০০ গুণ বৃদ্ধি পায়।
ধ্বনিৰ বৃদ্ধিৰ ক্ৰম এইদৰে বাঢ়ি গৈ থাকে। নিম্নতম ২০ ডেচিবল মাত্ৰাৰ ধ্বনিক
ফুফুচনি আৰু ৬৫ ডেচিবল মাত্ৰাৰ ধ্বনিক সামান্য বুলি বৈজ্ঞানিকসকলে মতপোষণ কৰিছে।
তলত
দিয়া ধৰণে বৈজ্ঞানিকসকলে ধ্বনিৰ মাত্ৰা জুখি উলিয়াইছে।
ফুচ্
ফুচনি- ২০ ডেচিবল।
নিস্তব্ধতা-
২৫ ডেচিবল।
শান্তি-
২৫ৰ পৰা ৬৫ ডেচিবল।
সাধাৰণ
ধ্বনি- ৬৬ৰ পৰা ৭৫ ডেচিবল।
অত্যধিক
ধ্বনি- ৭৫ ডেচিবলৰ অধিক।
অসহ্য
ধ্বনি- ১০০ ডেচিবল।
মটৰ
চাইকেল- ৯০ ডেচিবল।
ট্রাকৰ
শব্দ- ৯০ ৰপৰা ১০০ ডেচিবল।
ৰেডিওৰ
শব্দ- ৫০ৰ পৰা ৬০ ডেচিবল।
টেলিফোন-
৭০ৰ পৰা ৮০ ডেচিবল।
উৰাজাহাজ-
১২৫ ডেচিবল (১০ ফুট আঁতৰৰ পৰা।)
১২
ইঞ্চি ব্যাসাৰ্দ্ধৰ কামানৰ পৰা নিক্ষিপ্ত গুলী- ২২৫ ডেচিবল।
চাইৰেনৰ
ধ্বনি- ১৫০ৰ পৰা ১৬০ ডেচিবল।
সাধাৰণতঃ
১২০ ডেচিবলতকৈ তীব্র ধ্বনি কষ্টদায়ক। ইয়াৰ জৰিয়তে স্নায়ুতন্ত্র প্রভাবিত হয়।
তীব্র ধ্বনিৰ ফলত অনিদ্ৰা,
ৰক্তচাপ, ক’লা হোৱাৰ দৰেৰোগত পতিত হোৱাৰ পূৰ্ণ সম্ভাৱনা
থাকে। ১২০ ডেচিবলতকৈ অধিক ধ্বনি ক্ষেত্ৰৰ মাজত থকা মানুহৰ হাৰ্ট এটেক হোৱাৰ
সম্ভাৱনা থাকে। ১৩০ৰ পৰা ১৫০ ডেচিবল ধ্বনিৰ ফলত কাণৰ পৰ্দা ফাটি যাব পাৰে। ১৮০
ডেচিবলতকৈ অধিক ধ্বনিৰ মাজত থাকিলে মৃত্যু পর্যন্ত হ'ব পাৰে। ১২০ ডেচিবলতকৈ অধিক মাত্ৰাৰ ধ্বনি গৰ্ভৱতী মহিলা
আৰু গৰ্ভস্থ শিশুৰ বাবে হানিকাৰক। ইয়াৰ ফলত বিকৃত শিশু জন্ম হোৱাৰ পূৰ্ণ সম্ভাৱনা
থাকে।
৬৫
ডেচিবল মাত্ৰাৰ ধ্বনিয়ে মানৱ সমাজৰ কাৰণে নিৰাপদ। যদি আমি এনেকুৱা ক্ষেত্ৰত বাস
কৰো য’ৰ আকাশত এটাৰ পাছত এটাকৈ উৰাজাহাজ উৰে, য'ত সদায় হাই-উৰুমি হৈ থাকে, অনবৰত মটৰ,
লৰী, ট্রাক আদিৰ হুইচেল বাজি থাকে তেনেহ'লে আমাৰ অনিদ্ৰা ৰোগ হ’ব
পাৰে, অস্থিৰতা আৰু ৰক্তচাপ বৃদ্ধি পাব পাৰে, হৃদৰোগ হ’ব পাৰে তথা স্নায়ুতন্ত্র বিশৃংখল হৈ পৰিব
পাৰে।
মানুহ
পৰিৱেশৰ দাস। পৰিৱেশৰ লগত মানুহৰ পোনপটীয়া সম্পর্ক। মানুহ পৰিয়াল পৰিজনৰ পৰা
বিচ্ছিন্ন হৈ জীয়াই থাকিব পাৰে;
কিন্তু পৰিৱেশৰপৰা আঁতৰি
জীয়াই থকা সম্ভৱ নহয়। ৰুগ্ন মানুহ এজন জীয়াই থকা সম্ভৱ; কিন্তু ৰুগ্ন পৰিৱেশত মানুহ জীয়াই থকা সম্ভৱ নহয়। পৰিৱেশ
প্ৰদূষণৰ সমস্যা বিশ্বব্যাপী। সেয়ে পৰিৱেশ প্ৰদূষণৰ ভয়াৱহতালৈ লক্ষ্য কৰি এই
জলন্ত সমস্যা সম্পর্কে আলোচনা কৰিবলৈ ১৯৯২ চনত বিশ্বৰ ১৭৫ খন দেশৰ প্রতিনিধিসকল
ব্ৰাজিলত মিলিত হৈছিল। উক্ত মহাসন্মেলনত ভাৰতে পৃথিবী-কোষ স্থাপনৰ বাবে পৰামৰ্শ
আগবঢ়াইছিল আৰু উক্ত পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই পৃথিবী-কোষ গঠনৰ বাবে প্ৰতিখন
দেশে সহমত প্ৰকাশ কৰিছিল। ইয়াক এই সমস্যা সমাধানৰ ক্ষেত্ৰত উত্তম পদক্ষেপ বুলি
বিবেচনা কৰা হয়।
শৰীৰ
আৰু স্বাস্থ্যৰ বাবে তীব্র ধ্বনি অভিশাপ স্বৰূপ। তীব্র ধ্বনিৰ ফলত মানুহৰ
কাৰ্যদক্ষতা আৰু ক্ষমতা হ্রাস পোৱাৰ লগতে শৰীৰ শিথিল হৈ পৰিব পাৰে, মানসিকভাবে কম বুদ্ধি সম্পন্ন কৰি তুলিব পাৰে, স্বভাৱ পৰিৱৰ্ত্তন হ'ব পাৰে আৰু মানসিক অস্থিৰতা বাঢ়িব পাৰে। ৯০
ডেচিবল ধ্বনিৰ ফলত আমাৰ শ্ৰৱণ শক্তি হ্রাস পাব পাৰে বুলি বিশ্বস্বাস্থ্য সংস্থাৰ
এক প্রতিবেদনত প্ৰকাশ পাইছিল। আমাৰ দেশত প্ৰতি বছৰে দীপান্বিতাৰ সময়ত যি ফটকা
ফুটোৱা হয় সেয়াও আমাৰ বাবে কম ক্ষতিকাৰক নহয়। কাৰণ ফটকাৰ শব্দৰ মাত্ৰা এশ
ডেচিবলৰ সীমা অতিক্ৰম কৰি যায়। যাৰ ফলত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফটকাৰ শব্দৰ
উৰ্দ্ধতম মাত্রা ১০০ ডেচিবল নিৰ্দ্ধাৰণ কৰি দিছে। পশ্চিম বংগৰ প্ৰশাসনে এই মাত্রা
আকৌ ৯০ ডেচিবললৈ হ্ৰাস কৰি দিছে। মানৱ সমাজৰ কাৰণে অভিশাপ স্বৰূপ শব্দ প্ৰদূষণৰ
মাত্রা হ্ৰাস কৰিবলৈ প্ৰত্যেকে এই নিৰ্দ্দেশ মানি চলাটো খুবেই জৰুৰী।
(জনসাধাৰণ/-২৬-১০-১৬)
নেতাজী
সুভাষ চন্দ্র বসু আৰু জাতীয় সংহতি
সুভাষ
চন্দ্ৰ আছিল একনিষ্ঠ দেশ সেৱক,
যিজনে আজীৱন দেশমাতৃৰ সেৱাত
জীৱন উছৰ্গা কৰি গৈছে। তেওঁ শৌর্য,
বীর্য, অসীম সাহস আৰু অদম্য মনোবলৰ অধিকাৰী আছিল আৰু এইবোৰ গুণে
তেওঁক মৃত্যুঞ্জয়ী বীৰ কৰি তুলিছে। তেওঁৰ মাথোন এইখিনিয়ে প্রকৃত পৰিচয় নহয়।
সুভাষ চন্দ্ৰ আছিল ভাৰতৰ ঐতিহ্যৰ প্ৰতীক। তেওঁ মনে-প্রাণে বিশ্বাস কৰিছিল যে, জাতীয় ঐক্য অবিহনে ভাৰতৰ স্বাধীনতা অর্জন সম্ভৱ নহয়।
সেয়ে তেওঁ আজাদ হিন্দ ফৌজৰ মাজত হিন্দু,
মুছলমান, শিখ,
খ্রীষ্টান আদি সম্প্ৰদায়ক
ঐক্যৰ এনাজৰীৰে বান্ধিছিল। সৃষ্টি কৰিছিল এক ঐক্য সাধনকাৰী চেতনা। মহাত্মা গান্ধী
সুভাষ বসুৰ এই কীর্তিক অকুণ্ঠ চিত্তে প্রশংসা কৰিছিল। জৱাহৰলাল নেহৰুৱেও আজাদ
হিন্দ ফৌজৰ দৃষ্টান্ত অনুকৰণযোগ্য বুলি বিবেচনা কৰিছিল। সুভাষ চন্দ্ৰই যি অসাধ্য
সাধন কৰিবলৈ সক্ষম হৈছিল আন কোনেও সেই কাৰ্য কৰিবলৈ সক্ষম হোৱা নাছিল। এই ক্ষেত্ৰত
তেওঁ আছিল অদ্বিতীয়। কিন্তু তেওঁ এই কাৰ্য কেনেকৈ সক্ষম কৰি তুলিছিল? এই প্রশ্নৰ উত্তৰ আমি আজাদ হিন্দ ফৌজৰ বৈপ্লৱিক
ক্রিয়া-কলাপৰ মতাদৰ্শ আৰু দার্শনিক বুনিয়াদৰ মাজত বিচাৰিব লাগিব। এই বৈপ্লৱিক
মুক্তি সংগ্রাম মাথোন ভাৰতবৰ্ষক পৰাধীনতাৰ শৃংখলৰ পৰা মুক্ত কৰাৰ কাৰণে নিয়োজিত
হৈাৱা নাছিল। ইয়াৰ অন্তৰালত আছিল এক বৃহত্তৰ প্ৰেৰণা, সৰ্বাংগীন মুক্তিৰ শ্বাশত বাণী, যাৰ সফল ৰূপায়ন ঘটিছিল সুভাষৰ জীৱন আৰু কৰ্মৰ মাজত।
সুভাষ
চন্দ্ৰ শৈশৱ কালৰ পৰাই মুক্ত মনৰ মানুহ আছিল। কাৰণ তেওঁ যি পাৰিবাৰিক বাতাৱৰণৰ
মাজত লালিত-পালিত হৈছিল তাৰ মাজত সাম্প্ৰদায়িকতাৰ স্পৰ্শ নাছিল। তেওঁলোকৰ
পৰিয়ালত মুছলমান ভৃত্য, কোচোয়ান, পাচকসকলৰ
প্ৰতি সহৃদ্যতামূলক মনোভাৱ প্ৰদৰ্শন কৰা হৈছিল। প্রতিবেশীসকলৰ বহুতে সুভাষ চন্দ্ৰৰ
পিতৃ জানকী নাথক পিতৃতুল্য জ্ঞান কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ বন্ধু-বান্ধৱৰ মাজত
বহুতো মুছলমান আছিল। সুভাষ চন্দ্ৰই তেওঁৰ আত্মজীৱনীত লিখিছে যে, শৈশৱত হিন্দু মুছলমান সংঘাতৰ দৰে কোনো ঘটনাৰ লগত তেওঁৰ
পৰিচয় হোৱা নাছিল। আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হিচাপে আত্মপ্রকাশ কৰাৰ পাছত
সৈনিকসকলৰ হৃদয়ত জাতীয় চেতনা জাগ্রত কৰাৰ কাৰণে ১৯৪৩ চনৰ ১৫ আগষ্টত তেওঁ শৈশৱৰ
স্মৃতি ৰোমন্থন কৰিছিল। তেতিয়া নিজৰ অভিজ্ঞতাৰ পৰা তেওঁ কৈছিল যে, এটা সময়ত মুছলমানসকলে হিন্দুসকলৰ উৎসৱত অংশ গ্রহণ কৰিছিল
আৰু হিন্দুসকলেও মুছলমানসকলৰ উৎসৱত সোৎসাহে যোগদান কৰিছিল। সেই অপূর্ব
সাম্প্রদায়িক সম্প্ৰীতি যে পুনৰ প্ৰতিষ্ঠিত কৰা সম্ভৱ এই কথা তেওঁ অবিচল
প্রত্যয়ৰ সৈতে ঘোষণা কৰিছিল আৰু শেষলৈকে তেওঁ ইয়াৰ প্রকৃষ্ট উদাহৰণ দাঙি ধৰিছিল
তেওঁৰ আদৰ্শ আৰু বিশাল কৰ্ম- কাণ্ডৰ মাজত। সুভাষ বসুৰ আদৰ্শ আমাৰ জাতীয় সংহতিৰ
কাৰণে প্ৰেৰণাৰ উৎস হোৱা উচিত।
সুভাষ
বসু সকলো ধৰণৰ ধৰ্মীয় গোড়ামী আৰু সংকীর্ণতাৰ পৰা মুক্ত আছিল। তেওঁ কৈশোৰ অৱস্থাৰ
পৰাই জাত্যাভিমানৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল। কাৰণ তেওঁৰ পাৰিবাৰিক পৰিৱেশ
মুক্ত মনৰ বিকাশৰ পক্ষে অনুকূল আছিল যদিও তাতো ৰণক্ষশীলতাৰ প্ৰাচীৰক সম্পূৰ্ণৰূপে
ভাঙি পেলোৱা সম্ভৱ হোৱা নাছিল। ফলত তেওঁ কৈশোৰ অৱস্থাতে বিদ্রোহ ঘোষণা কৰি এজন
নিম্নবৰ্ণৰ ব্যক্তিৰ নিমন্ত্রণ গ্ৰহণ কৰিব লগা হৈছিল। সুভাষ চন্দ্রই নিজেই স্বীকাৰ
কৰিছে যে, স্বামী বিবেকানন্দৰ আদৰ্শই তেওঁক অনুপ্রাণিত
কৰিছিল। ৰামকৃষ্ণ দেৱৰ প্ৰতিও সুভাষ বসুৰ গভীৰ শ্ৰদ্ধা আছিল। এই দুগৰাকী মহান ব্যক্তিৰ
আদৰ্শই তেওঁৰ কাৰণে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ অন্যতম প্ৰেৰণাৰ উৎস।
সুভাষ
চন্দ্ৰ যেতিয়া ৰাজনীতিৰ জগতত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁৰ ৰাজনৈতিক চিন্তা অপৰিণত
যদিও মানসিক প্রস্তুতি সম্পূৰ্ণ হৈছিল। কৈশোৰ কাল বিশেষকৈ ছাত্ৰাৱস্থাৰ পৰাই তেওঁ
জাতি-ধর্ম নির্বিশেষে সকলো প্ৰকাৰ দূৰ্গত মানুহৰ সেৱাত নিজক নিয়োজিত কৰিছিল আৰু
বহু ধৰণৰ কল্যাণকামী কৰ্মৰ মাজেদি তেওঁৰ অসাম্প্রদায়িক তথা ধর্মান্ধতা বিবর্জিত
মনোভাৱ গঢ়ি উঠিছিল, যিয়ে ৰাজনৈতিক জীৱনত তেওঁক বিশেষভাবে সহায় কৰিছিল।
সুভাষ
চন্দ্ৰৰ প্ৰধান লক্ষ্য আছিল জাতীয় সংহতি,
কিন্তু ভাৰতত থকা সময়ছোৱাত
এই ক্ষেত্ৰত তেওঁ বিক্ষিপ্ত ভাবে সফল হ'লেও ধাৰাবাহিক সাফল্য অর্জন কৰিব পৰা নাছিল।
কাৰণ ৰাজনৈতিক জগতত সক্ৰিয় হৈ থকা নানা পৰম্পৰ বিৰোধী শক্তিৰ
ক্রিয়া-প্রতিক্ৰিয়াই তেওঁৰ কৰ্মৰ পৰিধিক সীমাৱদ্ধ কৰি ৰাখিছিল। বহু সময়ত তেওঁৰ
সন্মুখত এনেকুৱা প্রতিবন্ধকতা সৃষ্টি কৰা হৈছিল যাক অতিক্রম কৰা সম্ভৱ হোৱা নাছিল।
দেশ এৰি যোৱাৰ পাছত আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হিচাপে যেতিয়া তেওঁৰ
জ্যোতির্ময় আত্মপ্রকাশ ঘটিল তেতিয়া দেশত থকা সময়ত তেওঁ যি কাম কৰিব পৰা নাছিল
সেয়া কৰিবলৈ সক্ষম হ’ল। আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হিচাপে
কাৰ্যভাৰ চম্ভালাৰ পাছত তেওঁ ৰাজনৈতিক অৰিয়াঅৰি ও নানা প্ৰকাৰ পৰিস্থিতিৰ পৰা
সম্পূৰ্ণৰূপে মুক্ত হয় আৰু জাতীয় সংহতিৰ পৰিৱেশ সৃষ্টিৰ কাৰণে আদৰ্শ পৰিৱেশ
পায়। সেই সুবর্ণ সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ সামান্যতমো ভুল কৰা নাছিল আৰু ইয়াৰ ফলত
জাতীয় ঐক্য আৰু ভাৰতৰ শ্বাশত সত্তাৰ ধাৰক ও বাহকৰূপে তেওঁ স্বমহিমাত উদ্ভাসিত হৈ
উঠে।
যাদৱপুৰ
বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ড০ কল্যাণ কুমাৰ ঘোষে তেওঁৰ ‘The story of the INA' গ্রন্থত লেখিছে- It was a revolution with a Philosophy.
কিন্তু অতি দুখৰ বিষয় যে, গৱেষকসকলে আজাদ হিন্দ ফৌজৰ বীৰত্বগাঁথা প্ৰচাৰৰ কাৰণে
যিমান আগ্রহ প্রকাশ কৰিছে,
এই বাহিনীৰ মতাদৰ্শৰ
তথ্যনিষ্ঠ মূল্যায়নৰ ক্ষেত্ৰত সিমানখিনি উৎসাহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই।
এয়া এতিয়া স্পষ্টভাবে কোৱাৰ সময় আহিছে যে,
আজাদ হিন্দ ফৌজ এক
সুনিৰ্দ্দিষ্ট মতাদৰ্শৰ দ্বাৰা পৰিচলিত হৈছিল কাৰণেই তাৰ প্ৰভাৱ ইমান ব্যাপক আছিল
আৰু প্ৰকাশ ইমান উজ্জ্বল হৈ উঠিছিল। এই প্রসংগত এই কথাও উল্লেখ কৰা প্রয়োজন যে, সুভাষ বসুৰ বিৰাটত্বৰ পূৰ্ণ প্রকাশ ঘটিছিল দেশ ত্যাগ কৰাৰ
পাছত, কিন্তু তাৰ অংকুৰ ৰোপিত হৈছিল দেশৰ মাটিতে, যদিও দেশত সেয়া ফলপ্রসূ কৰা সম্ভৱ হোৱা নাছিল। ৰাজনৈতিক
নেতা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ পাছত প্ৰায় প্ৰতিটো বক্তৃতাতে তেওঁ সপোনৰ ভাৰতৰ
যিখন চিত্র অংকন কৰিছিল তাত জাতিভেদ,
ধর্মবিদ্বেষ ও সাম্প্রদায়িক
সংঘৰ্ষৰ কোনো স্থান নাছিল। নাৰীমুক্তি,
উৎপীড়িত মানুহৰ মুক্তি, অনুন্নত শ্ৰেণীৰ উন্নতি সাধন আদি জাতীয় সংহতিৰ
প্ৰয়োজনীয় উপাদানবোৰ বাৰে বাৰে তেওঁৰ বক্তৃতা আৰু লেখনিত প্ৰকাশ পাইছিল। সুভাষ চন্দ্ৰৰ
সাম্যচিন্তা, ইতিহাসচিন্তা, সমাজচিন্তা
আদি বিষয়ৰ উন্মেষ ঘটিছিল দেশৰ মাটিতেই আৰু এই ক্ষেত্ৰত তেওঁ চিন্তানায়কৰ ভূমিকাত
অৱতীৰ্ণ হৈছিল। দেশত্যাগ কৰাৰ পাছত তেওঁ এই চিন্তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে
বদ্ধপৰিক্ৰৰ হৈছিল আৰু চিন্তা ও বাস্তৱৰ ব্যৱধান দূৰ কৰিবলৈ সক্ষম হৈছিল।
জাতীয়
সংহতিৰ প্ৰশ্নটোক সুভাষ বসুই মাথোন হিন্দু-মুছলমানৰ মাজত সীমাৱদ্ধ ৰখা নাছিল। কাৰণ
তেওঁ জাতীয় সংহতিৰ বাটত কণ্টকৰূপে থিয় হৈ থকা শক্তিসমূহক সমূলে উৎপাটন কৰিব
বিচাৰিছিল। তেওঁ মনে-প্রাণে বিশ্বাস কৰিছিল যে, মাথোন
ৰাজনৈতিক মুক্তিয়ে পূর্ণ স্বাধীনতা প্ৰদান কৰিব নোৱাৰে, ইয়াৰ লগত কণ্টকৰূপে থিয় হৈ থকা শক্তিসমূহকো নির্মূল কৰিব
লাগিব। তেহে পূর্ণ স্বাধীনতা লাভ কৰা সক্ষম হ’ব।
সেয়ে সকলো প্ৰকাৰ বন্ধন ও মনুষ্যসৃষ্ট কৃত্রিম অসাম্যৰ পৰা মুক্তিলাভ কৰাটোৱে
তেওঁৰ স্বাধীনতা সংগ্ৰামৰ প্ৰধান উদ্দেশ্য আছিল। এই ক্ষেত্ৰত দেশবন্ধু চিত্তরঞ্জন
পালৰ প্ৰভাৱ হয়তো তেওঁৰ ওপৰত পৰিছিল। তেওঁ লাহোৰত পঞ্জাৱ ছাত্ৰ সন্মিলনীৰ সভাপতিৰ
ভাষণত উল্লেখ কৰিছিল- ‘দেশবন্ধুই কৈছিল. জীৱন এক অখণ্ড সমগ্ৰ সত্য।
ফলত ৰাজনীতি আৰু অৰ্থনীতি অথবা এই দুটাৰ শিক্ষানীতিৰ মাজত ভেদ ৰেখা টনা সম্ভৱ
নহয়। মানুহৰ জীৱনক খণ্ড খণ্ড কৰি চাব পৰা নাযায়। জাতীয় জীৱনৰ প্ৰতিটো প্ৰকাশ পৰম্পৰৰ লগত সম্পর্কিত আৰু
প্রত্যেক সমস্যাই পৰষ্পৰৰ লগত গ্রন্থিত।'
এই প্ৰসংগত এই কথা
বিশেষভাবে
উল্লেখ্যযোগ্য যে সুভাষ চন্দ্ৰৰ জাতীয় সংহতি সম্পর্কে চিন্তা এই অখণ্ড জীৱনবোধৰ
পৰাই উৎসৰিত হৈছিল। তেওঁ কৈছিল- দেশৰ কিছুসংখ্যক ব্যক্তিয়ে হয়তো স্বাধীনতাৰ এই
বিস্তৃত ব্যাখ্যা গ্রহণ নকৰিব। তেওঁলোকক সন্তুষ্ট কৰাৰ অসমৰ্থতা অৱশ্যেই দুখৰ
বিষয়। কিন্তু সত্য, ন্যায় ও সাম্যৰ ওপৰত প্রতিষ্ঠিত এই আদর্শক
আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰো। বন্ধন,
অন্যায়, অসাম্যৰ বিৰুদ্ধে যুদ্ধ বিৰতি হ’বই নোৱাৰে।
সুভাষ
চন্দ্ৰই তেওঁৰ বক্তৃতা আৰু লেখনিৰ মাজত সপোনৰ ভাৰতৰ যি চিত্র নানা বাবে দাঙি ধৰিছে
সেইবোৰৰ প্ৰতিটো পৃথকভাবে উল্লেখ কৰা সম্ভৱ নহয়। ১৯৩১ চনৰ ৫ এপ্ৰিলত কৰাচীত
নওজোয়ান ভাৰতসভাত প্রদত্ত ভাষণটো এই ক্ষেত্ৰত বিশেষভাবে উল্লেখযোগ্য। কাৰণ সেই
ভাষণৰ পৰা সুভাষ বসুৰ ভাৰত চিন্তাৰ এটি পূর্ণাংগ চিত্ৰ পোৱা যায়। সকলো প্ৰকাৰ
সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বন্ধনৰ পৰা মুক্তিৰ
বাণী তেওঁ প্ৰচাৰ কৰিছিল। তেওঁ কৈছিল- ‘ভৱিষ্যত ভাৰতীয় সমাজ গঢ়ি উঠিব ন্যায়বিচাৰ, সাম্য,
স্বাধীনতা. শৃংখলা আৰু মানব
প্ৰেমৰ বুনিয়াদৰ ওপৰত। সেই ভাৰতত জাতিভেদ,
বর্ণবিদ্বেষ বা অনুন্নত
জাতিৰ ওপৰত উৎপীড়নৰ চিহ্নমাত্ৰ নাথাকিব। এই ক্ষেত্ৰত অনিবার্যভাবেই মনলৈ আহে কাজী
নজৰুল ইছলামৰ বিখ্যাত গানৰ বাণী-
‘এইবাৰ নবীন মন্ত্ৰ হ’ব,
জননী তোৰ উদ্বোধন,
নিত্যা
হৈ থাকিবি ঘৰত, নহ’ব তোৰ বিসর্জন।
তাত
নহ’ব তোৰ ছোৱা-ছুয়ি,
উচ্চনীচৰ ভেদ,
আটায়ে
মিলি উচ্চাৰিম মাতৃ-নামত বেদ।
আমি
এক জননীৰ সন্তান আটায়ে জানি,
ভাঙিম
দেৱাল পাহৰিম হানাহানি।
দীন-দৰিদ্ৰ
নাথাকিব কোনেও, সমান হ’ব সর্বজন।
বিশ্ব
হ’ব মহাভাৰত,
নিত্য প্ৰেমৰ বৃন্দাবন।
এই
প্ৰসংগত উল্লেখ কৰা উচিত হ’ব যে,
সুভাষ চন্দ্ৰৰ চিন্তাধাৰাৰ
লগত শ্ৰীঅৰবিন্দ ঘোষৰ চিন্তাধাৰাৰ সাদৃশ্য আছে। কর্মযোগীৰ এটি অধ্যায়ত তেওঁ
লিখিছে- মুছলমানৰ মাজতো নাৰায়ন অধিষ্ঠান কৰে আৰু ভাৰত মাতৃয়েও তেওঁলোকক নিজৰ
কোলাত চিৰদিনৰ কাৰণে স্থান দিছে। ১৯০৮ চনত বন্দেমাত ‘A new weapon' শীর্ষক প্ৰৱন্ধত তেওঁ লিখিছিল- ‘ৰাজনৈতিক কার্যসিদ্ধিৰ উদ্দেশ্যই কেতিয়াও জাতীয় ঐক্য
সৃষ্টি কৰিব নোৱাৰে। কূটনীতি আৰু যুক্তিতর্ক নহয়, হৃদয়ৰ
ওচৰত হৃদয়ৰ ঐকান্তিক আবেদনৰ দ্বাৰাহে প্ৰকৃত ঐক্যৰ পৰিমণ্ডল সৃষ্টি হয়।’ সুভাষ চন্দ্ৰ এই উদাৰ দৃষ্টিভংগীৰ দ্বাৰা উদ্বুদ্ধ হৈছিল
আৰু দেশবন্ধু চিত্তৰঞ্জনৰ সান্নিধ্যলৈ আহি তেওঁৰ এই চিন্তাধাৰা আৰু অধিক প্ৰসাৰিত
হৈছিল। ১৯২৬ চনৰ ২০ ফেব্ৰুৱাৰীত হেমচন্দ্ৰ দাশগুপ্তক লেখা এখন পত্ৰত সুভাষ চন্দ্রই
দেশবন্ধু সম্পর্কে যথার্থই লেখিছিল- ‘হিন্দু নেতৃবৃন্দৰ মাজত ইচলাম ধৰ্মৰ ইমান ডাঙৰ
হিতৈষী বন্ধু আন কোনো নাছিল।'
দেশবন্ধুৰ মৃত্যুৰ পাছত
নজৰুলে ‘ইন্দ্ৰপতন’ কবিতা
ৰচনা কৰিছিল। তাত তেওঁ লেখিছিল-
‘নিন্দাগ্লানিৰ পংক সানি বলিয়া মিলন হেতু,
হিন্দু
মুছলমানৰ পৰাণত তুমিয়ে বান্ধিলা সেতু।
নাজানো
আজি কি অর্ঘ্য দিব হিন্দু মুছলমান,
ঈর্ষা
পংকত পংকজ হৈ ফুলক সিহঁতৰ প্ৰাণ।
হিন্দুৰ
আছিলা আকবৰ তুমি, মুছলমানৰ ঔৰঙ্গজেৱ,
য’ত দেখিছা জীৱৰ বেদনা তাতেই দেখিছা শিৱ।
সুভাষ
চন্দ্ৰৰ চিন্তাৰ উৎস আছিল ভাৰতৰ ইতিহাসৰ মৰ্মবাণী-বৈচিত্ৰৰ মাজত একতা। একম্
সদ্বিপ্রা বহুধা বদন্তি। তপস্যাৰ বলত একৰ আহুতি দি সকলো প্ৰকাৰ বিভেদ পাহৰাই এটি
বিৰাট হিয়া জগাই তোলাই হ'ল ভাৰতৰ সাধনা। সুভাষ চন্দ্ৰৰ ইতিহাস চেতনাৰ
মাজতে তেওঁৰ জাতীয় সংহতি সম্পর্কে দৃষ্টিভংগী প্রকাশ পাইছে। তেওঁ বাৰে বাৰে কৈছে
যে, ব্ৰিটিচসকলৰ আগমনৰ পূৰ্বে এই দেশত
হিন্দু-মুছলমান সমস্যাৰ কোনো অস্তিত্ব নাছিল। মোগল যুগত বিক্ষিপ্তভাবে ধর্মান্ধতাৰ
বিক্ষিপ্ত প্রকাশ দেখা গ'লেও সাধাৰণভাবে জনসাধাৰণে ধর্মগত স্বাধীনতা
ভোগ কৰিছিল। ব্ৰিটিচ ঐতিহাসিকসকলে ইচ্ছাকৃতভাবে এই বিষয়টোক অৱহেলা কৰিছে বুলি
সুভাষ চন্দই তীব্র প্রতিবাদ কৰিছিল। ব্ৰিটিছৰ ভেদনীতি ‘devide and role' যে হিন্দু-মুছলমান সমস্যাৰ প্ৰধান কাৰণ এই কথা
ক’বলৈ তেওঁ সামান্যতমো ইতস্তত কৰা নাই। ১৯৪৪ চনত ট’কিও বিশ্ববিদ্যালয়ত ভাষণ দিবলৈ গৈ তেওঁ মোগল আমোলক
ভাৰতীয় ইতিহাসৰ গৌৰৱময় অধ্যায় হিচাপে আখ্যা দিছিল। তেওঁৰ মতে, মোগলসকল ভাৰতীয় সভ্যতাৰ মূল স্রোতৰ লগত মিহলি হৈ ভাৰতীয়
সভ্যতাক তেওঁলোকৰ স্বকীয় অৱদানেৰে অধিক সমৃদ্ধ কৰি তুলিছিল। ইয়াৰ ফলত সৃষ্টি
হৈছিল এক অপূর্ব সাংস্কৃতিক সমন্বয়’Cultural Synthesis’
| ‘The Indian Struggle নামৰ গ্ৰন্থত তেওঁ
লেখিছে- With the advent
of the Muhammedan a new synthesis was worked out. Though they did
not accept the religion of the Hindus, they made India their Home and shared in
the common life of the people in their joys and sorrows.
ভাৰতীয়
সভ্যতাৰ সৃজনশীল বিকাশৰ ক্ষেত্ৰত মোগল যুগৰ অৱদানক সুভাষ চন্দ্ৰই বিনম্ৰ চিত্তে
স্বীকাৰ কৰিছিল আৰু ব্ৰিটিচ শাসনৰ লগত মোগল শাসনৰ মৌলিক পার্থক্য লক্ষ্য কৰিছিল।
এই প্ৰসংগত তেওঁ লেখিছিল যে,
ব্ৰিটিচ শাসনকালত ভাৰতীয়
সকলে সর্বপ্রথম পৰাধীনতাৰ জ্বালা অনুভৱ কৰে। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত
হিন্দু-মুছলমান উভয় সম্প্রদায় ঐক্যবদ্ধ হোৱা কথাটো তেওঁ বাৰে বাৰে স্মৰণ কৰিছিল।
পৰৱৰ্ত্তী সময়ত আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হিচাপেযেতিয়া তেওঁ সৈন্যদলক ইতিহাস
শিক্ষা দিছিল এই কথা তেওঁ বাৰে বাৰে উত্থাপন কৰিছিল। আজাদ হিন্দ ফৌজৰ মতাদৰ্শৰ
সন্ধান পোৱা যায় তেওঁ ৰচিত মাজত। তেওঁৰ অসমাপ্ত আত্মকথা An Indian pilgrim ততেওঁ লেখিছে- History will bear me out when I say
that is a misnomer to talk of Muslim rule when describing the political order
of Bengal prior to the advent of the British.
তেওঁ
মুছলমান শাসকসকলৰ উদাৰতা সম্পর্কে লেখিছে- Whether
we talk to the Mughal emperors at Delhi or of the Muslims kings of Bengal, in
other case, the administration was run by the Hindus and Muslims together.
ভাৰতবৰ্ষত
সাম্প্রদায়িক সম্প্ৰীতিৰ কাৰণে সুভাষ চন্দ্ৰই চেষ্টাৰ কোনো ত্রুটি কৰা নাছিল; কিন্তু তেওঁৰ সেই প্ৰয়াস ফলপ্ৰসূ হোৱা নাছিল। দেশত থকা
অৱস্থাতো তেওঁ বহুবাৰ জাতীয় সংহতিৰ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ বক্তব্য আৰু কৰ্মত
এই কথা প্রকাশ পাইছিল। ১৯৩৭ চনৰ ৬ এপ্রিল কলিকতা পৌৰসভাৰ এক সম্বৰ্ধনা অনুষ্ঠানত
তেওঁ কৈছিল- Fissiparous
tendencies, whether provincial or communal are the greatest curse of a subject
race. ১৯৩৭ চনত ফজলুল হক
স্বতঃপ্রবৃত্ত হৈ বাংলাৰ কংগ্ৰেছৰ লগত যুগ্ম চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দিছিল আৰু
সুভাষ বসু আৰু শৰত্চন্দ্ৰ বসুই সেই প্রস্তাৱ সোৎসাহেৰে অনুমোদন কৰিছিল। ইমান ডাঙৰ
সুবর্ণ সুযোগ অযাচিতভাবে হাতৰ মুঠিলৈ অহাৰ পাছত মাথোন কংগ্ৰেছ নেতৃত্বৰ অমাজনীয়
অপৰিণামদর্শিতাৰ ফলত পুনৰ হাতৰ মুঠিৰ বাহিৰলৈ গুচি গৈছিল। ইমান ডাঙৰ ভুল যদি কংগ্ৰেছে
নকৰিলেহেঁতেন বাংলাৰ মুছলিম লীগৰ প্রতিপত্তি বহু পৰিমাণে খৰ্ব হ'লহেঁতেন আৰু সুভাষ বসু ও শচন্দ্ৰৰ অবিভক্ত বাংলাৰ সপোন
দিঠকত পৰিণত হ'লহেঁতেন।
কংগ্ৰেছৰ
সভাপতি হিচাপে সুভাষ বসুই যিমানবাৰ জিন্নাৰ লগত আলোচনাত মিলিত হৈছিল, কেতিয়াও কোনো অবাঞ্ছিত বিতর্ক সৃষ্টি হোৱা নাছিল। কিন্তু
জৱাহৰলাল নেহৰুই মুছলিম লীগৰ অস্তিত্বক অস্বীকাৰ কৰি প্ৰদান কৰা এটি উক্তিত জিন্না
ইমানেই অনমনীয় হৈ পৰিছিল যে পৰৱৰ্ত্তী পৰ্যায়ত জিন্নাই কোনো অৱস্থাতেই নিজৰ মত
পৰিৱৰ্ত্তন কৰিবলৈ প্ৰস্তুত হোৱা নাছিল। জৱাহৰলাল নেহৰুই অৱশ্যে পাছত কৈছিল যে, তেওঁ মুছলীম লীগৰ অস্তিত্বক অস্বীকাৰ কৰিব খোজা নাছিল।
অৱশ্যে একমাত্ৰ জৱাহৰলাল নেহৰুৰ মন্তব্যই জিন্নাৰ অনমনীয় মনোভাবৰ কাৰণ নাছিল, ইয়াৰ মাজত অৱশ্যে আৰু কাৰণ আছিল।
সুভাষ
বসু আৰু জিন্নাৰ পত্ৰালাপ পর্যালোচনা কৰিলে দেখা যায় যে, সুভাষ বসুই বাৰে বাৰে কৈছে যে, কংগ্ৰেছ সকলো সম্প্রদায়ৰ প্ৰতিনিধি। মুছলিম
লীগ আৰু অন্যান্য মুছলিম সংগঠনৰ লগত আলোচনা কৰাত বাধা নাই বুলি তেওঁ তেওঁৰ পত্ৰত
উল্লেখ কৰিছিল।
হলওয়েলৰ
মনুমেণ্ট অপসাৰণৰ দাবীত সুভাষ বসুই যি আন্দোলনক নেতৃত্ব দিছিল তাৰ মাজতো জাতীয়
সংহতিৰ ভাৱনা প্ৰচ্ছন্ন হৈ আছিল। এই আন্দোলনৰ প্ৰকৃত তাৎপর্য আজিলৈকে কোনেও
সঠিকভাবে উপলব্ধি কৰিব পৰা নাই। এই ক্ষেত্ৰত হয়তো তেওঁ বিদ্যাসাগৰৰ দ্বাৰা
প্ৰভাৱিত হৈছিল। বিদ্যাসাগৰে ক্লার্ক মার্শমেনৰ হিষ্ট’ৰি অৱ বেংগল’
গ্ৰন্থখন অনুবাদ কৰিছিল, যিখন বাংলাৰ ইতিহাস নামকৰণেৰে প্ৰকাশ কৰা হৈছিল। এই
গ্রন্থখন অনুবাদ কৰাৰ সময়ত তৈওঁ আক্ষৰিক অনুবাদৰ পৰিৱৰ্ত্তে নিৰ্ভয়ে নিজৰ
স্বতন্ত্র বিদ্যা-বুদ্ধিৰ পৰিচয় দিছিল আৰু ক্ষেত্র বিশেষে মাৰ্শৰ্মেনৰ বক্তব্য
নাকচ কৰিছিল। ব্লাকহোল হত্যাকাণ্ডৰ কাৰণে তেওঁ চিৰাজ-উদ-দৌলাক দায়ী কৰা নাছিল।
কাৰণ চিৰাজ এই ঘটনা সম্পর্কে মুঠেই অৱগত নাছিল। ১৯১৬ চনৰ ২৪ মাৰ্চত ‘ক্যালকাটা হিষ্ট'ৰিকেল চোচাইটি’ৰ
উদ্যোগত যি মার্শহোল বিতৰ্কৰ সূচনা কৰা হৈছিল তাত এইচ মোনাহেনে বিদ্যাসাগৰৰ মতকে
সমর্থন কৰিছিল আৰু হলওয়েলৰ মিথ্যাচাৰৰ তীব্র নিন্দা কৰিছিল। ১৯২৬ চনত মান্দালয়
কাৰাগাৰৰ পৰা শিৱনাথ চট্টোপাধ্যায়লৈ লেখা এখন চিঠিত সুভাষ বসুই বাংলাৰ এই ইতিহাস
গ্ৰন্থখন পাঠ কৰাৰ কাৰণে ইচ্ছা প্রকাশ কৰিছিল। ইয়াৰ পৰা এই কথা অনুমান কৰা অসংগত
নহ’ব যে হলওয়েল নামৰ মিথ্যাচাৰী স্তম্ভটোক ভাঙি নিচিহ্ন কৰি
পেলোৱাৰ উদ্দেশ্যেই সুভাষ বসুই বিদ্যাসাগৰৰ মতক অকুণ্ঠ সমর্থন জনাইছিল আৰু প্ৰত্যক্ষভাবে
বিদ্যাসাগৰৰ প্ৰভাৱ সুভাষৰ জীৱনত নপৰিলেও তেওঁৰ মাজত বিদ্যাসাগৰৰ চিন্তা পৰিলক্ষিত
হৈছিল। হলওয়েল মনুমেণ্ট আন্দোলনৰ ফলত কিছুদিনৰ কাৰণে হ’লেও হিন্দু-মুছলমানৰ মাজত ঐক্যৰ বাতাৱৰণ সৃষ্টি হৈছিল।
দেশ
ত্যাগ কৰাৰ পাছত ১৯৪২ চনৰ আগষ্ট মাহত ‘While
and Macht' নামৰ পত্ৰিকাত তেওঁ
লেখিছিল যে, প্ৰচাৰ মাধ্যম বিশেষকৈ ৰেডিও, চলচিত্র,
গণমাধ্যম আদি এনেকৈ
সদ্ব্যৱহাৰ কৰিব লাগিব যাতে ল’ৰালিৰে পৰাই ল'ৰা-ছোৱালীৰ
মাজত অসাম্প্রদায়িক মনোভাব গঢ়লৈ উঠে। আজাদ হিন্দ ফৌজত সকলো জাতিৰ মানুহক একেলগ
কৰি জাতিভেদৰ প্ৰাচীৰ, অস্পৃশ্যতাৰ দেৱাল তেওঁ চুৰমাৰ কৰি দিছিল।
সকলো সম্প্ৰদায়ৰ মানুহ একেলগে বহি আহাৰ গ্ৰহণ কৰিছিল আৰু এই ‘কমন কিচেন'(Common
kitchen) সৃষ্টিৰ ফলত ‘ফুড স্নোবাৰি’(food
snobbery)ৰ মনোভাব সম্পৰ্ণৰূপে দূৰীভূত
হৈছিল। সুভাষৰ সংগী আবিদ হাচানৰ বক্তব্য ইয়াত খুবেই প্রণিধান যোগ্য- Every region was represented. Every
religion and caste inseparably mixed together. Each unit was a living tribute
to unity of India. We had a national ideology not tinged with any religious
sentiment. It was an endeavour to establish India to the
greatness due to her. The vision of an all embracing India gave meaning to our
existence. । আজাদ হিন্দ ফৌজৰ উদ্দেশ্য একমাত্ৰ ভাৰতমাতাক
শৃংখ ।মুক্ত কৰাই নাছিল, ভাৰতৰ শ্বাশত ঐতিহ্যক স্বমহিমাত বিকশিত কৰাও
ইয়াৰ উদ্দেশ্য আছিল। আজাদ হিন্দ ফৌজ আছিল ভাৰতাত্মাৰ জীৱন্ত ৰূপ আৰু সুভাষ
চন্দ্ৰৰ নেতৃত্ব আছিল তাৰ প্ৰেৰণাৰ কেন্দ্ৰ। ১৯৪৩ চনৰ আগষ্ট মাহত সুভাষ বসুই তেওঁৰ
সৈনিকসকলক (Let the whole
World know and let our enemies know that all Indians in the East Asia are
united regardless of religion or caste and are determined
to fight for the freedom of our common motherland.) আদৰ্শৰ প্ৰতি থকা অবিচল বিশ্বাস আৰু নিজৰ মহিমাৰ বলত তেওঁ
এই কথা কোৱাৰ শক্তি পাইছিল। চিংগাপুৰৰ চেটিয়াৰ মন্দিৰত তেওঁ যিদৰে সকলো শ্ৰেণীৰ
মানুহৰ প্ৰৱেশাধিকাৰৰ ব্যৱস্থা কৰিছিল সেয়া আছিল অকল্পনীয়। সেই মন্দিৰত বক্তৃতা
প্ৰদানৰ সময়ত তেওঁ কৈছিল- আমি আটায়ে একে মাতৃৰ সন্তান, ধৰ্ম আমাৰ বাটৰ অন্তৰায় হ’ব
নোৱাৰে।' সুভাষৰ জীৱনৰ বাণী আছিল- সকলোৰে ওপৰত মানুহ
সত্য, তাৰ ওপৰত নাই।
সাম্প্ৰদায়িকতাৰ
ঘনান্ধকাৰে সম্প্ৰতি আমাক সকলো ফালৰ পৰা গ্ৰাস কৰিবলৈ উদ্যত হৈছে। এই পৰিস্থিতিত
চিৰবৰেণ্য দেশ নায়ক সুভাষ চন্দ্ৰ বসুৰ জীৱন আৰু বাণী আমাৰ কাৰণে খুবেই প্রাসংগিক
হৈ পৰিছে।
(প্রকাশ
জনসাধাৰণ-২৩/০১/১৬)
ভাৰতীয়
ৰাজনীতিত মহাত্মা গান্ধী আৰু ড০ বাবা চাহেব অম্বেদকৰ।
(গণতন্ত্রদিৱস উপলক্ষ্যে)
আইন
অমান্য আন্দোলনৰ ভৰপক অৱস্থাত মহাত্মা গান্ধী আৰু ভাৰতীয় সংবিধানৰ স্থপতি ড০
অম্বেদকৰৰ মাজত অস্পৃশ্যসকলৰ সমস্যালৈ ৰাজনৈতিক মতভেদ সৃষ্টি হৈছিল। অস্পৃশ্যসকলৰ
সমস্যাৰ প্ৰতি গান্ধীজীয়ে যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল সিমান গুৰুত্ব
প্ৰদান কৰা নাই বুলি অভিযোগ তুলি অম্বেদকৰে এই মতভেদৰ সূচনা কৰিছিল। অৱশ্যে অম্বেদকৰৰ
এই অভিযোগ একেবাৰে ভিত্তিহীন নাছিল। কাৰণ গান্ধীজীয়ে স্বৰাজৰ বাহিৰে তেতিয়া
বেলেগ কোনো সমস্যা উপস্থিত কৰিব বিচৰা নাছিল। সেয়ে তেওঁ অস্পৃশ্যসকলৰ সামাজিক
সংস্কাৰৰ বিষয়ে বিশেষ ভবা নাছিল। আনহাতে অম্বেদকৰে অস্পৃশ্যসকলৰ সামাজিক সংস্কাৰ
বিচাৰিছিল। কাৰণ তেওঁ অস্পৃশ্যসকলৰ সামাজিক সংস্কাৰ অবিহনে ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ
কোনো অৰ্থ নাথাকিব বুলি ভাবিছিল। সেয়ে তেওঁ দেশ স্বাধীন হোৱাৰ আগতে অস্পৃশ্যসকলৰ
সামাজিক সংস্কাৰ সাধন কৰিব বিচাৰিছিল। তেতিয়া ভাৰতীয় ৰাজনীতিত গান্ধীজী
অবিসম্বাদী নেতা আছিল আৰু তেওঁৰ বাহিৰে আন কোনো নেতৃত্বৰ প্ৰতি মানুহৰ আস্থা
নাছিল। এনেকুৱা এটি সময়ত গান্ধীজীৰ লগত অম্বেদকৰৰ ৰাজনৈতিক মতভেদ সৃষ্টি হোৱাত
দেশৰ জনগণ আৰু স্বাধীনতা আন্দোলনৰ লগত জড়িত নেতাসকলে অম্বেদকৰৰ বিৰোধিতা কৰাৰ
লগতে তেওঁৰ নিন্দা কৰিবলৈ লৈছিল। এনেকি তেওঁক ব্রিটিচৰ এজেণ্ট বুলিও বহুতে অপবাদ
দিছিল।
এই
মতভেদৰ সময়ত দেশত আইন অমান্য আন্দোলনৰ কাৰ্যসূচি ৰূপায়ন হৈ আছিল। লৱণ আইন ভংগ, বিদেশী বস্ত্র ও পণ্য বর্জন, মাদক
দ্রব্য বৰ্জন, ভূমি কৰ নিদিয়াকে আদি কৰি কে’বাটাও কার্যসুচি পূর্ণোদ্যমে চলি আছিল। লৱণ আইন ভংগ আৰু
বিদেশী বস্ত্ৰ বর্জন কার্যসূচি খুবেই সফল হৈছিল। মাথোন মুম্বাইত ১৬ টা বস্ত্ৰ কল
বন্ধ হৈ গৈছিল। কৃষকসকলে কৰ প্ৰদান বন্ধ কৰিছিল। এটা সময়ত এই আইন অমান্য আন্দোলন
ভাৰতবৰ্ষৰ সৰ্বত্ৰ বিয়পি পৰে। ফলত ব্ৰিটিচ চৰকাৰে নিপীড়ন ও নির্যাতন চলাই এই
আন্দোলন বন্ধ কৰাৰ কাৰণে চেষ্টা কৰে। চৰকাৰে মহাত্মা গান্ধীসহ প্রায় নব্বৈ হাজাৰ
আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ১৯৩২ চনত গান্ধীজীক মুক্তি দি চৰকাৰে আলোচনাৰ
সূত্ৰপাত কৰে। ফলত আইন অমান্য আন্দোলন সাময়িকভাবে বন্ধ ৰখা হয় আৰু লণ্ডনত
ঘূৰণীয়া মেজমেল আৰম্ভ হয়। আগা খাঁৰ নেতৃত্বত মহম্মদ আলী জিন্না, এ,
কে, ফজলুল হক,
ছাৰ মহম্মদ ইছমাইলকে আদি কৰি
মুছলিম নেতৃবৰ্গই প্রথম ঘূৰণীয়া মেজমেলত অংশ গ্ৰহণ কৰিছিল যদিও কংগ্ৰেছে অংশ
গ্ৰহণ নকৰাৰ ফলত উক্ত মেজমেলত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা সম্ভৱ হোৱা নাছিল।
সেয়ে
ব্ৰিটিচ চৰকাৰে দ্বিতীয় ঘূৰণীয়া মেজমেল আহ্বান কৰে আৰু উক্ত মেজমেললৈ বিশেষভাবে
মহাত্মা গান্ধী, পণ্ডিত মদন মোহন মালব্য, সৰোজিনী নাইডু আৰু অম্বেদকাৰক আমন্ত্ৰণ কৰে। চৰকাৰৰ
আমন্ত্ৰণৰ ফলত আইন অমান্য আন্দোলনৰ কাৰ্যসূচি সাময়িকভাবে স্থগিত ৰাখি উক্ত নেতৃবর্গ
ইংল্যাণ্ডলৈ যায় আৰু উক্ত মেজমেল ১৯৩১ চনৰ ৭ চেপ্তেম্বৰত ছাৰ ছেমুৱেলৰ অধ্যক্ষতাত
লণ্ডনত অনুষ্ঠিত হয়। কিন্তু ভাৰতৰ সংখ্যালঘূ মুছলমান প্রতিনিধিৰ লগত কোনো আপোচ
নোহোৱাত এই দ্বিতীয় ঘূৰণীয়া মেজমেল ব্যর্থ হয়। ফলত এই মেজমেলত বিশেষকৈ
অস্পৃশ্যসকলৰ সমস্যাই গুৰুত্ব লাভ কৰে;
কিয়নো গান্ধীজী আৰু
অম্বেদকৰ উভয়ে নিজক অস্পৃশসকলৰ প্রতিনিধি হিচাপে দাবী কৰি আছিল। অৱশ্যে এটা কথা
ঠিক যে, ইতিমধ্যে অম্বেদকৰ দলিত, অস্পৃশ্য আৰু শোষিতসকলৰ সৰ্বমান্য নেতা হিচাপে নিজক
প্ৰক্ষেপ কৰিবলৈ সক্ষম হৈছিল। সেয়ে অস্পৃশ্যসকলক প্ৰভাৱিত কৰাৰ কাৰণে কংগ্ৰেছে
কিছুমান নীতি নিৰ্দ্ধাৰণ কৰি সিহঁতক নিজৰ পক্ষত টানিবলৈ যত্ন কৰি আছিল। কাৰণ
অস্পৃশ্যসকল দেশৰ সৰ্বমুঠ জনসংখ্যাৰ এক চতুর্থাংশ আছিল। ফলত অম্বেদকৰে যাতে
অস্পৃশ্যসকলক নিজৰ পক্ষত ধৰি ৰাখিব নোৱাৰে তাৰ বাবে কংগ্ৰেছে অম্বেদকাৰৰ বিৰোধিতা
কৰিবলৈ লৈছিল। এনেকি মহাত্মা গান্ধীয়ে জিন্নাৰ লগৰীয়া আগা খাঁৰ লগত মিলিও
অম্বেদকৰৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ কৰিছিল। সেয়ে ঘূৰণীয়া মেজমেলত এই সংগ্ৰামৰ
বিষয়ে খোলাখুলি ভাবে আলোচনা হয়। এই সন্মিলনত গান্ধীজীয়ে ইয়াকো কৈছিল যে, তেৱেঁ ভাৰতৰ একমাত্র দলিতসকলৰ নেতা। দলিতসকলক নিজৰ নেতা
নির্বাচন কৰিবলৈ ক'লে সিহঁতে এশ শতাংশ তেওঁক সমর্থন কৰিব বুলিও
গান্ধীজীয়ে দাবী কৰিছিল।
উল্লেখ্য
যে, গান্ধীজী আৰু অম্বেদক উভয়ে দেশত সামাজিক
ন্যায় প্রতিষ্ঠা কৰাৰ পক্ষপাতি আছিল;
কিন্তু উভয়ে বেলেগ বেলেগ
উপায়ে এই লক্ষ্যত উপনীত হোৱাৰ বাবে চেষ্টা কৰি আছিল। উভয়ৰে লক্ষ্য আৰু উদ্দেশ্য
এক আছিল, কিন্তু উদ্দেশ্য সাধনৰ উপায় আছিল পৃথক। এই
সন্দৰ্ভত গান্ধীজীৰ চিন্তাধাৰা আছিল এনেকুৱা- ‘মই
পৃথক ৰাজনৈতিক অধিকাৰ আৰু সংৰক্ষণৰ বিৰোধিতা কৰো, কিয়নো
এয়া এক প্ৰকাৰ আত্মঘাতী সিদ্ধান্ত হ’ব। কাৰণ অ সকলৰ অনুপস্থিতিত হিন্দু সমাজ
অপূৰ্ণ হৈ থাকিব।’ এই সন্দৰ্ভত তেওঁ যুক্তি দাঙি ধৰিছিল- ‘বর্ণাশ্রম ধৰ্ম অনুসাৰে অস্পৃশ্যসকল চতুৰ্থ বৰ্ণৰ মানুহ।
সেয়ে হিন্দু সমাজৰ পৰা যদি অস্পৃশ্যসকল বেলেগ হৈ যায় তেনেহ'লে হিন্দু সমাজ বিকলাংগ হৈ পৰিব। সেয়ে মই অস্পৃশ্যসকল হিন্দু
সমাজৰ অংগ হৈ থকাটো বিচাৰো।’
ড০
অম্বেদকৰে গান্ধীজীৰ এই যুক্তিৰ বিৰোধিতা কৰি ক'লে-
কিয় আপুনি বিচাৰে নেকি যে অস্পৃশ্যসকল চিৰদিন শোষিত হৈ থাকক। সিহঁতে অত্যাচাৰ
সহ্য কৰি থাকক, সিহঁত গোলামৰো গোলাম হৈ থাকক আৰু হিন্দুসকলৰ
দয়াৰ ওপৰত নিৰ্ভৰ কৰি জীৱন পাত কৰি থাকক।
গান্ধীজীয়ে
অম্বেদকৰৰ এই তৰ্কপূৰ্ণ প্ৰশ্নৰ উত্তৰত ৰাজনৈতিক ভাষাত ক’লে-মই অস্পৃশ্যসকলৰ কাৰণে হিন্দুসকলক ক’ম যে,
তেওঁলোকে যাতে অস্পৃশ্যসকলৰ
লগত সম ব্যৱহাৰ কৰে আৰু ইয়াৰ কাৰণে মই নিজকো অস্পৃশ্য বুলি বিবেচনা কৰো।
গান্ধীজীৰ
এই উত্তৰত অম্বেদকৰ খুবেই আহত হ’ল আৰু শেষত তেওঁ ক'লে- মই সেই সমাজত জন্ম গ্ৰহণ কৰিছো তথা জন্মৰে পৰা দুঃখ
আৰু কষ্ট সহ্য কৰি আছো আৰু ভৱিষ্যতেও সহ্য কৰি থাকিম। ইয়াৰ আচল ভূক্তভোগীতো
আমিয়ে। আপুনি দলিতৰ সেৱক হ’ব পাৰে,
কিন্তু মাকৰ দৰে মৰম, সন্মান আৰু লালন-পালন কৰিব নোৱাৰে। এইদৰে দ্বিতীয়
ঘূৰণীয়া মেজমেলৰ পৰা গান্ধীজী আৰু অম্বেদকৰৰ বিবাদ বাঢ়ি গৈ থাকে আৰু এজনে আনজনৰ
ওপৰত আৰোপ, প্ৰত্যাৰোপ জাপি থাকে। গান্ধীজী আৰু অম্বেদকৰৰ
এই মতভেদৰ কথা ভাৰতবৰ্ষত অস্পৃশ্যসকল অৱগত হয়। ফলত তেওঁলোকে গান্ধীজীৰ বিৰুদ্ধে
বিৰোধ প্ৰদৰ্শন কৰি অম্বেদককে নিজৰ নেতা হিচাপে ঘোষণা কৰে আৰু দেশৰ সমগ্ৰ অস্পৃশ্য
জনগণ একগোট হৈ অম্বেদকৰৰ সমৰ্থনত চৰকাৰলৈ পত্ৰ আৰু টেলিগ্রাম প্ৰেৰণ কৰে। সিহঁতৰ
এই প্রচেষ্টা বিফল কৰাৰ কাৰণে গান্ধীজীৰ পক্ষলৈ কংগ্ৰেছেও চৰকাৰলৈ টেলিগ্রাম
প্ৰেৰণ কৰে। উভয় পক্ষৰ টেলিগ্রাম পৰীক্ষা কৰাৰ পাছত দেখা গ'ল যে,
মহাত্মা গান্ধীৰ পক্ষত
প্ৰেৰণ কৰা টেলিগ্রামসমূহ একমাত্ৰ পুণা প্ৰান্তৰৰ পৰা প্ৰেৰণ কৰা হৈছে, কিয়নো সেইসমূহ টেলিগ্রামত মাথোন পুণাৰ চৰকাৰী মোহৰ মৰা
আছিল। আনহাতে অম্বেদকাৰৰ পক্ষত প্ৰেৰণ কৰা টেলিগ্রামসমূহ দেশৰ বিভিন্ন প্ৰান্তৰৰ
পৰা প্ৰেৰণ কৰা হৈছিল।
এইদৰে
যুগ যুগ ধৰি শোষিত জনতাই অম্বেদকৰৰ নেতৃত্বক সমর্থন জনাই গান্ধীজীৰ বিৰোধিতা কৰি
অম্বেদকৰক নিজৰ সৰ্বমান্য নেতা হিচাপে প্ৰক্ষেপ কৰে আৰু ব্ৰিটিচ চৰকাৰে অম্বেদকৰক
অস্পৃশ্যসকলৰ বৈধ নেতা হিচাপে স্বীকৃতি দিয়ে। এই দ্বিতীয় ঘূৰণীয়া মেজমেলত
অম্বেদকৰে অন্যান্য পিছপৰা জাতিৰ কাৰণে পৃথক নির্বাচনী ক্ষেত্র দাবী উত্থাপন কৰে, কিন্তু সন্মিলনৰ সকলো ৰাষ্ট্ৰীয় নেতাই ইয়াৰ বিৰোধিতা
কৰে। কিন্তু চৰকাৰে পিছপৰা জাতিৰ কাৰণে অম্বেদকৰে উত্থাপন কৰা পৃথক নির্বাচনী
ক্ষেত্ৰৰ দাবী উচিত আৰু ন্যায়সংগত বুলি স্বীকৃতি দিয়ে।
অম্বেদকৰে
এই সন্মিলনত সংখ্যালঘূৰ উত্থানৰ কাৰণে নতুন সংবিধানত সাতটা অধিকাৰৰ দাবী কৰিছিল
যাতে পিছপৰা জাতিসমূহ সমানতা আৰু সামাজিক ন্যায়ৰ ক্ষেত্ৰত সমানে সমানে অংশ গ্ৰহণ
কৰিব পাৰে। এই দাবীসমূহ আছিল এনে ধৰণৰ- (১) সম অধিকাৰ (২) ভেদভাব পূর্ণ ব্যৱহাৰৰ বিৰুদ্ধে
সংৰক্ষণ (৩) চৰকাৰী চাকৰিত স্থান সুৰক্ষিত অর্থাৎ আসন সংৰক্ষণৰ ব্যৱস্থা। (৪)
বিধান সভাত আসন সংৰক্ষণ। (৫) দলিতসকলৰ মংগলৰ কাৰণে পৃথক বিভাগৰ ব্যৱস্থা (৬)
দলিতসকলক সামাজিকভাবে বর্জনকাৰীসকলৰ বিৰুদ্ধে দণ্ড প্ৰদানৰ ব্যৱস্থা। (৭) শোষণৰ
পৰা মুক্ত কৰাৰ ব্যৱস্থা। তদানীন্তন প্রধান মন্ত্ৰী ৰেমজে মেকডোনাল্ডে ১৯৩২ চনৰ ১৬
আগষ্টত সাম্প্রদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰে। যাৰ ধাৰাবোৰ আছিল তলত দিয়া ধৰণে-
(১) প্রদেশবিলাকৰ আইন সভাৰ সদস্য পদ বিভিন্ন
সম্প্ৰদায়ৰ মাজত বণ্টন কৰা।
(২) মুছলমান, শিখ, ভাৰতীয় খ্ৰীষ্টান,
এংলো ইণ্ডিয়ানৰ কাৰণে পৃথক
নিৰ্বাচনৰ ব্যৱস্থা কৰা।
(৩) অস্পৃশ্যসকলক সংখ্যালঘু হিচাপে মান্যতা দি
তেওঁলোকৰ কাৰণে পৃথক নির্বাচন ক্ষেত্র তথা প্রতিনিধিত্ব কৰাৰ অধিকাৰ প্রদান।
(৪) সীমান্ত প্রদেশৰ বাহিৰে অন্যান্য প্ৰান্তৰ
ব্যৱস্থাপনা পৰিষদসমূহত মহিলাৰ কাৰণে পাঁচ শতাংশ আসন সংৰক্ষণ।
(৫) য’ত মুছলমানসকল সংখ্যালঘু তথা হিন্দু আৰু
শিখসকলৰ কাৰণে পঞ্জাৱত বেলেগ বেলেগ প্রতিনিধিৰ ব্যৱস্থা।
অস্পৃশ্যসকলক
আত্মনিৰ্ভৰ কৰি তোলাৰ কাৰণে নিজৰ প্রতিনিধি নিৰ্বাচনৰ পাছত তেওঁলোকক সাধাৰণ
নির্বাচনতো বেলেগে ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছিল। অর্থাৎ সিহঁতক দুটা ভোটদানৰ
অধিকাৰ দিয়া হৈছিল। এটা ভোট দলিতসকলৰ পৃথক নিৰ্বাচনত অস্পৃশ্য প্রতিনিধিক প্ৰদান
কৰাৰ পাছত আনটো ভোট উচ্চবর্ণৰ প্রতিনিধিক প্ৰদান কৰিব পাৰিছিল। এইদৰে এটা ভোটৰ
জৰিয়তে তেওঁলোকে দলিত প্রতিনিধি নির্বাচন কৰাৰ পাছত আনটো ভোটৰ জৰিয়তে সাধাৰণ
হিন্দু প্ৰাৰ্থীৰ পৰা মানৱতা সম্পন্ন নিষ্ঠাবান প্রতিনিধি নির্বাচন কৰিব পাৰিছিল।
ইয়াৰ দ্বাৰা জাত-পাতৰ শিপাডাল উভালি পেলোৱাৰ কাৰণে যত্ন কৰা হৈছিল।
এই
সন্দৰ্ভত অম্বেদকৰে কৈছিল- আমি পৃথক নির্বাচন মণ্ডল দাবী কৰি হিন্দু সমাজৰ অহিত
চিন্তা কৰা নাই। আমি পৃথক নির্বাচন ক্ষেত্র দাবী এই কাৰণেই কৰিছো, যাতে উচ্চবর্ণ হিন্দুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আমি আমাৰ নিজৰ
ভাগ্য নিজেই নিৰ্দ্ধাৰণ কৰিব পাৰো।
এই
সাম্প্রদায়িক সিদ্ধান্তৰ বিৰুদ্ধে গান্ধীজীয়ে প্রবল আপত্তি তুলিছিল। তেওঁ কৈছিল
যে, ভাৰতৰ স্বাধীনতা সংগ্রামক বিপথে পৰিচালিত কৰিবলৈ
ব্ৰিটিচ চৰকাৰে মুছলমান আৰু অস্পৃশ্যসকলক প্রভাবিত কৰাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ
কৰিছে আৰু ইয়াৰ দ্বাৰা অস্পৃশ্যসকলক হিন্দুসকলৰ পৰা আঁতৰাই পঠোৱাৰ কাৰণে যত্ন কৰি
আছে।
১৯৩২
চনৰ ১৮ আগষ্টত মহাত্মা গান্ধীয়ে এই সাম্প্রদায়িক সিদ্ধান্তৰ বিৰুদ্ধে আমৰণ অনশনৰ
কথা ঘোষণা কৰে। গান্ধীজীৰ এই সিদ্ধান্তত সমগ্র বিশ্ব স্তম্ভিত হৈ পৰে। অৱশেষত
সিদ্ধান্ত মতেই গান্ধীজীয়ে ২০ চেপ্তেম্বৰত আমরণ অনশন আৰম্ভ কৰি কয় যে, এই অনশন তেতিয়াই সমাপ্ত হ’ব
যেতিয়া চৰকাৰে অস্পৃশ্যসকলৰ কাৰণে লোৱা পৃথক নিৰ্বাচনৰ সিদ্ধান্ত উঠাই ল’ব।
গান্ধীজীয়ে
এই বিষয়ে অম্বেদকৰক দোষী সাৱ্যস্ত কৰি কয় যে, অম্বেদকৰৰ
এই সিদ্ধান্তৰ ফলত দেশ তথা হিন্দু সমাজ দুটুকুৰা হৈ যাব আৰু গাঁও অঞ্চলত ইয়াৰ
গভীৰ কু-প্ৰভাৱ পৰিব। হিন্দু সংখ্যা গৰিষ্ঠ অঞ্চলত অস্পৃশ্যসকলৰ জীৱন ধাৰণ কঠিন হৈ
পৰিব। গান্ধীজীৰ অনশন আৰম্ভ হোৱাৰ লগে সমগ্ৰ ভাৰত ব্যাপী এক আলোড়ন সৃষ্টি হয়।
হিন্দুসকল অস্পৃশ্যসকলৰ প্ৰতি জাঙোৰ খাই উঠে আৰু ইফালে অস্পৃশ্যসকলেও নিজৰ অধিকাৰ
সাৱ্যস্ত কৰিবলৈ মাব্বান্ধি থিয় দিয়ে। ফলত সমগ্ৰ দেশত এক অশান্তির বাতাৱৰণ
সৃষ্টি হয়। অস্পৃশ্যসকলে যুক্তি দাঙি ধৰে যে, গান্ধীজীয়ে
মুছলমানসকলৰ কাৰণে পৃথক নির্বাচন ক্ষেত্ৰ আৰু ৰাজনৈতিক অধিকাৰ সমৰ্থন কৰিছে
যেতিয়া সিহঁতৰ কাৰণে এয়া স্বীকাৰ কৰা নাই কিয়? এই
কাৰণে নেকি যে সিহঁতৰ বিৰোধ কৰাৰ ক্ষমতা নাই?
নে শৈক্ষিক আৰু আৰ্থিক
ক্ষেত্ৰত সিহঁত পিছপৰা? নে সিহঁতৰ মাজত এতিয়াও ৰাজনৈতিক চেতনা জাগ্রত
হোৱা নাই?
গান্ধীজীৰ
অনশন ভংগৰ কাৰণে ব্ৰিটিচ প্রধান মন্ত্রীয়ে এই সাম্প্রদায়িক সিদ্ধান্ত অতি
সোনকালে সলনি কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়;
কিন্তু ইয়াৰ কাৰণে
অম্বেদকৰৰ অনুমতিৰ প্ৰয়োজন আছিল। চৰকাৰে অম্বেদকৰৰ মতামত বিচৰাত অম্বেদকৰে
গান্ধীজীৰ প্রতি সহানুভূতি প্ৰদৰ্শন কৰি ক'লে- গান্ধীজীৰ জীৱন যদি মোৰ জীৱনৰ বিনিময়ত
ৰক্ষা পৰে মই তাৰ কাৰণে সাজু আছো। কিন্তু যেতিয়ালৈকে মই জীয়াই থাকিম তেতিয়ালৈকে
অস্পৃশ্যসকলৰ অধিকাৰৰ কাৰণে সংঘৰ্ষ কৰি যাম।
ৰাষ্ট্ৰীয়
নেতাসকলৰ নিৰ্লস প্ৰয়াসৰ ফলত অৱশেষত মানৱতাৰ খাতিৰত অম্বেদকৰে গান্ধীজীৰ পৰামৰ্শ
মানি লয়। ফলত ১৯৩২ চনৰ ২৪ চেপ্তেম্বৰৰ সন্ধিয়া ৫ বজাত পুণেৰ ইয়েৰৱাদা
কেন্দ্রীয় কাৰাগাৰত মহাত্মা গান্ধী আৰু বাবা চাহেব অম্বেকৰৰ মাজত এখন চুক্তি
স্বাক্ষৰিত হয়। মহাত্মা গান্ধীৰ তৰফৰ পৰা পণ্ডিত মদন মোহন মালৱ্য আৰু দলিতসকলৰ
তৰফৰ পৰা অম্বেদকৰে এই চুক্তি স্বাক্ষৰ কৰে। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত গান্ধীজীয়ে
অনশন সমাপ্ত কৰে।২৫ চেপ্তেম্বৰত মুম্বাইৰ এখন জনসভাত এই চুক্তিৰ কথা ঘোষণা কৰা
হয়। লগতে ঘোষণা কৰা হয়- ‘এতিয়াৰ পৰা জন্মৰ ভিত্তিত কাকো অস্পৃশ্য বুলি
চিহ্নিত কৰিব পৰা নাযাব আৰু অস্পৃশ্যসকলেও এতিয়াৰ পৰা হিন্দুৰ দৰে সামাজিক
অনুষ্ঠানসমূহত সমানে অংশ গ্ৰহণৰ অধিকাৰ পাব।'
এই চুক্তি অনুসৰি অম্বেদকৰে
বিধান সভাত ১৪৮ খন আসন সংৰক্ষণৰ অধিকাৰ পাইছিল আৰু এই সংৰক্ষণৰ ভিতৰত অসমৰো ৭ খন
আসন আছিল। ইয়াকে পুণা পেক্ট’
বুলি কোৱা হয়। এইদৰে পুণা
পেক্টৰ জৰিয়তে ব্ৰিটিচ চৰকাৰৰ প্ৰয়াসৰ পাছতো মহাত্মা গান্ধীৰ নিৰ্লস চেষ্টাত অস্পৃশ্যসকল
হিন্দুৰ পৰা আঁতৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল আৰু তেওঁলোকৰ ন্যায়প্রাপ্তিৰ সূত্ৰপাত
হৈছিল।
(প্রকাশ
জনসাধাৰণ-২৬/০১/১৬)
প্রসংগ
জাঠ আন্দোলন
সম্প্ৰতি
চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত সংৰক্ষণ বিচাৰি জাঠসকলে হাৰিয়ানাত তীব্র
আন্দোলন গঢ়ি তুলিছে। ৰে'ল অৱৰোধ,
অগ্নি সংযোগকে আদি কৰি নানা ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰি আছে।
ফলত পৰিবহন ব্যৱস্থা স্তব্ধ হৈ পৰিছে। কল-কাৰখানাত অচল অৱস্থা সৃষ্টি হৈছে। জনজীৱন স্থৱিৰ হৈ পৰিছে। এনেকি ৰোহতক, ভিৱানী,
ঝজ্জৰ, হিচাৰ,
হাঙ্গী, চোনিপতত সান্ধ্য আইন পর্যন্ত বলৱৎ কৰিব লগা হৈছিল।
ফলত
হাৰিয়ানা চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চকুৰ টোপনি নোহোৱা হৈছে। সেয়ে
স্বাভাৱিকতে প্রশ্ন উদয় হয়,
এই জাঠসকলনো কোন? তেওঁলোকৰ
সংৰক্ষণৰ দাবী বৈধ নে, অবৈধ। কাৰণ অন্যান্য পিছপৰা সমিতিৰ লগতে উচ্চতম
ন্যায়ালয়ে তেওঁলোকক প্ৰথমৰ পৰাই পিছৰপৰা জাতিৰ মৰ্যদা প্রদান কৰিবলৈ অস্বীকাৰ কৰি আহিছে।
এনচাইক্ল’পেডিয়াৰ লগতে বিভিন্ন তথ্যৰ পৰা জনা যায় যে, জাঠসকল প্ৰথমাৱস্থাত মেষপালনৰ লগত জড়িত আছিল আৰু সিন্ধু
উপত্যকাৰ নামনি অংশত বসবাস কৰিছিল। অষ্টম শতিকাত মহম্মদ
বিন কাশিমে সিন্ধু উপত্যকা জয় কৰাৰ সময়ত তেওঁলোক পাহাৰীয়া অঞ্চলত বসবাস কৰিছিল বুলি আৰবীয়ান লেখকৰ বৰ্ণণাৰপৰা জনা যায়। এঘাৰ আৰু ষোল্ল
শতিকাত তেওঁলোক পোনে পোনে পঞ্জাৱৰ নদী উপত্যকালৈ প্ৰব্ৰজন কৰে। মোগল আমোলত তেওঁলোক পঞ্জাৱ, দিল্লী, ৰাজস্থান আৰু গংগা উপত্যকালৈ সিঁচৰতি হৈ পৰে আৰু কৃষিকৰ্মৰ
লগত জড়িত হৈ পৰে। প্ৰথমাৱস্থাত তেওঁলোকে স্থানীয়
ধৰ্মৰ প্রতি বিশেষ আগ্রহ দেখুৱা নাছিল। কৃষিকৰ্মৰ লগত জড়িত হৈ পৰাৰ পাছত সময়ৰ
সোঁতত তেওঁলোক স্থানীয় ধৰ্মত দীক্ষিত হয়। পশ্চিম পঞ্জাৱৰ জাঠসকল ইছলাম, পূর্ব
পঞ্জাৱৰ জাঠসকল শিখ আৰু দিল্লী অঞ্চল ও আগ্ৰাৰ জাঠসকল হিন্দুধৰ্মত দীক্ষিত হয়।
সোঁতৰ
শতিকাৰপৰা জাঠসকলৰ প্ৰকৃত উত্তৰণ আৰম্ভ হেছিল যদিও আকবৰৰ দিনতো জাঠ জমিদাৰৰ
অস্তিত্ব আছিল বুলি আইন-ই-আকবৰীৰ
সংখ্যাতাত্ত্বিক সাৰণীৰ
সংকলনৰ পৰা সম্ভেদ পোৱা যায়। আগ্রা চৰকাৰৰ ৩২ টা পরগণাৰ মাজত ৬ টা, কোলৰ ২১ টাৰ মাজত ১ টা, আলওয়াৰৰ
৪১ টাৰ ১ টাত, নানাউলৰ
১৬ টাৰ ১ টা জাঠ জমিদাৰৰ দখলত আছিল। মোগল সাম্ৰাজ্যৰ থৰক বৰক অৱস্থাত উত্তৰ ভাৰতত
কে’বাটাও বিদ্রোহ সংঘটিত
হৈছিল। মুজাফ্ফ্ফৰ আলমৰ মতে,
এই বিদ্ৰোহৰ নেতৃত্ব দিছিল
জমিদাৰসকলে। শিখ আৰু জাঠসকলৰ বিদ্ৰোহৰ নেতৃত্বতো আছিল সৰু সৰু স্থানীয় জমিদাৰ। তালিপাতৰ জমিদাৰৰ পুত্ৰ চৌৰামানে জাঠ আৰু
অন্যান্য গ্রামবাসীক একত্ৰিত কৰি এক বিদ্রোহ ঘোষণা কৰি ১৭২১ চনত প্ৰথমে ভৰতপুৰ ৰাজ্য স্থাপন কৰে। এইদৰে বিদ্ৰোহৰ জৰিয়তে অন্যান্য
জাঠসকলে উত্তৰ প্ৰদেশৰ মুছান,
পঞ্জাৱৰ পাটিৱালাত ৰাজ্য
স্থাপন কৰিছিল। ৰজা
সুৰুজমলৰ ৰাজত্ব কাল(১৭৬২
চন)ত ভৰতপুৰ উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। ইয়াৰ পাছত ক্ৰমে ৰজা মহেন্দ্ৰ
প্ৰতাপ, মহাৰ্জা ভীম সিং ৰাণা,
ছাত্ৰ সিং ৰাণা, ৰাণা লোকেন্দ্ৰ সিং,
ছত্ৰ সিং ৰাণাকে আদি কৰি কে’বগৰাকী ৰজাই ভৰতপুৰত ৰাজত্ব কৰে। খালচা পন্থী শিখৰ উত্তৰণত
এই জাঠসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।
এওঁলোকক জাঠ শিখ বুলি জনা যায়। বর্তমান হাৰিয়ানাত জাঠসকলৰ জনসংখ্যা হাৰিয়ানাৰ জনসংখ্যাৰ ২৬ শতাংশ,
পঞ্জাৱত ২০ শতাংশ, বেলুচিস্তান,
ৰাজস্থান আৰু দিল্লীত ১০
শতাংশ, উত্তৰ-পশ্চিম সীমান্ত, সিন্ধ প্রদেশ,
উত্তৰৰ প্ৰদেশত ২- ৫ শতাংশ। পাকিস্তানত বসবাস কৰা জাঠসকল প্রধানতঃ ইছলাম
ধৰ্মালৱম্বী আৰু কৃষিৰ লগত জড়িত। ভাৰতবৰ্ষত বসবাস কৰা ৬ মিলিয়ন জাঠ মূলতঃ দুটা প্রধান ভাগত বিভক্ত। পঞ্জাৱত বসবাস কৰা সকল শিখ আৰু
অন্যান্য বিলাক হিন্দু ধৰ্মাৱলম্বী। পাকিস্তানত বসবাস কৰা জাঠসকল ৰাজনৈতিক আৰু সামাজিকভাবে খুবেই শক্তিশালী।
কুৰি
শতিকাত মাটি-বৃত্তি থকা জাঠসকল হাৰিয়ানা,
পঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্রদেশ, ৰাজস্থান আৰু দিল্লীত প্ৰভাৱশালী হৈ উঠে। বহুতো জাঠ
কৃষিকৰ্ম ত্যাগ কৰি চহৰমূখী
হয়। তেওঁলোক অৰ্থবল আৰু ৰাজনৈতিক প্ৰভাৱৰ বলত উচ্চস্তৰীয় সামাজিক জীৱন যাপন
কৰিবলৈ লয়। এই জাঠসকলে
সম্প্ৰতি চৰকাৰী চাকৰি আৰু
শিক্ষানুষ্ঠানসমূহত পিছপৰা জাতিৰ মৰ্যদাৰে সংৰক্ষণ বিচাৰি ৰাজপথলৈ ওলাই আহিছে।
১৯৯১ চনত গুৰনাম সিং
আয়োগে সর্বপ্রথম জাঠসকলক
অন্যান্য পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰি এক প্রতিবেদন প্রকাশ কৰিছিল। কিন্তু
সেই প্রতিবেদন তদানীন্তন ভজনলাল
চৰকাৰে নাকচ কৰিছিল। ইয়াৰ
পাছত ১৯৯৫ চনত অন্যান্য পিছপৰা জাতিৰ কাৰণে গঠন কৰা আন এটা আয়োগেও জাঠসকলক
অন্যান্য পিছপৰা সম্প্ৰদায়ৰ পৰা আঁতৰাই ৰাখিছিল। ভূপেন্দ্ৰ
সিং হোডাই ২০০৪ চনৰ নিৰ্বাচনত জাঠসকলক অন্যান্য পিছপৰা জাতিৰ মৰ্যদা প্ৰদানৰ
প্ৰতিশ্ৰুতি প্ৰদান
কৰি ক্ষমতালৈ আহিছিল।
প্রতিশ্রুতি মতেই তেওঁ জাঠসকলৰ কাৰণে অন্যান্য পিছপৰা জাতিৰ মৰ্যদা বিচাৰি
কেন্দ্ৰীয় চৰকাৰলৈ ক্ৰমান্বয়ে কে'বাটাও পত্র প্ৰেৰণ কৰিছিল;
কিন্তু তেওঁ এই ক্ষেত্ৰত সফল
হ’ব পৰা নাছিল। ফলত জাঠসকলে ২০১১ চনত অন্যান্য পিছপৰা
সম্প্ৰদায়ৰ মৰ্যদা বিচাৰি আন্দোলন
আৰম্ভ কৰিছিল। এই আন্দোলনৰ
পাছত ২০১১ চনৰ এপ্ৰিল মাহত কে,চি,
গুপ্তা আয়োগ গঠন কৰা হয়।
উক্ত আয়োগে ২০১২ চনত জাঠ সম্প্ৰদায়ৰ জাঠ
শিখ, ৰ’ৰ,
ত্যাগী আৰু বিচমনীক বিশেষ
পিচপৰা জাতিৰ মৰ্যদা প্ৰদানৰ বাবে প্রতিবেদন দাখিল কৰে। হোড়া চৰকাৰে উক্ত
প্রতিবেদন গ্ৰহণ কৰি
১০ শতাংশ সংৰক্ষণ বিচাৰি
প্ৰতিবেদন দাখিল কৰে; কিন্তু চুপ্রিম কোর্টে সেয়া ৰদ কৰে। ইয়াৰ
পাছত হাৰিয়ানাসহ অন্যান্য আঠোটা ৰাজ্য- গুজৰাট, বিহাৰ, মধ্য প্রদেশ,
হিমাচল প্রদেশ, দিল্লী,
ৰাজস্থানৰ ভৰতপুৰ ও ধোলপুৰ
জিলা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ জাঠসকলক
অন্যান্য পিছপৰা জাতিৰ
তালিকাভুক্ত কৰি তেতিয়াৰ
ইউপিএ চৰকাৰে চৰকাৰী চাকৰিত সংৰক্ষণ বিচাৰি চুপ্রিম কোৰ্টত আবেদন দাখিল কৰে। কিন্তু
চুপ্রিম কোর্টে সেই আবেদন
২০১৫ চনৰ ১৭ মাৰ্চত নাকচ
কৰে। ২০১৫ চনৰ ১৫ এপ্রিলত চুপ্রিম কোর্টে ১৭ মাৰ্চত লোৱা সিদ্ধান্ত পুনঃনিৰীক্ষণৰ
বাবে বৰ্তমান শাসনাধিষ্ঠ এন,ডি,এ চৰকাৰে
আবেদন কৰে। এই সিদ্ধান্ত বৰ্তমানলৈ নিষ্পত্তি নোহোৱাকৈ আছে আৰু ইয়াৰ ফলতে জাঠ
আন্দোলনৰ সূচনা হৈছে।
জাঠসকলক
অন্যান্য পিছপৰা সম্প্ৰদায়ৰ মৰ্যদা প্রদান নকৰাৰ কাৰণ আছে। পঞ্জাৱৰপৰা ১৯৬৬ চনত
ফালৰি কাটি অহাৰ পাছত হাৰিয়ানাত ১০
গৰাকী মুখ্যমন্ত্ৰীয়ে
প্রতিনিধিত্ব কৰিছে- তাৰে ৭ গৰাকী জাঠ সম্প্ৰদায়ৰ। হাৰিয়ানাৰ ৯০ খন বিধান সভা
সমষ্টিৰ এক তৃতীয়াংশ জাঠসকলৰ দখলত।
কংগ্ৰেজৰ ভূপেন্দ্ৰ সিং আৰু
ভাৰতীয় জাতীয় লোকদলৰ অভয় সিং চৌতালা জাঠ সম্প্ৰদায়ৰ লোক। তেওঁলোক হাৰিয়ানাৰ
দুই মুখ্য বিৰোধী দলৰ
নেতা। বৰ্তমানৰ মুখ্যমন্ত্ৰী
মনোহৰ লাল খাট্টাৰ পঞ্জাৱী সম্প্ৰদায়ভূক্ত খাট্টাৰ সম্প্ৰদায়ৰ। ইতিমধ্যে
নির্বাচিত ১০ গৰাকী শিখ ধর্মগুৰুৰ আটাই কেইগৰাকীয়ে জাঠ সম্প্ৰদায়ৰ।
কে, চি,
গুপ্তাৰ প্ৰতিবেদন অনুসৰি
জাঠসকলৰ ১৭.৮২ শতাংশ লোক প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চাকৰিত প্ৰতিনিধিত্ব কৰি আছে।
৪০-৫০ শতাংশ লোক নিম্নখাপৰ চাকৰিত নিয়োজিত।
শিক্ষানুষ্ঠানসমূহত তেওঁলোকৰ প্ৰতিনিধিত্ব ১০.৩৫ শতাংশ। তেওঁলোক গড়ে ২-৩ একৰ
মাটিৰ গৰাকী। মাথোন
১০ শতাংশ মানুহ ভূমিহীন।
স্মর্তব্য যে, মাথোন এটা দহক আগতে তেওঁলোকৰ একাংশই অন্যান্য
পিছপৰা জাতিৰ মৰ্যদা স্বীকাৰ কৰিবলৈ অমান্তি আছিল। তেওঁলোকৰ ৮০ টা বৰ্ণৰ মাজত মাথোন অহিৰ, আৰোৰা/ক্ষত্ৰী,
বিচনুই, গোসাঁই,
গুজ্জৰ, জাঠ,
জাঠ শিখ, কালাল,
মহাজন/বনিয়া, মেউ,
মুছলিম, ৰাজপুত,
ৰ’ৰ,
ছাইনী আৰু ত্যাগীকে আদি কৰি
দহোটা বৰ্ণক হাৰিয়ানা চৰকাৰে অনুসূচিত আৰু অন্যান্য পিছপৰা জাতিৰ তালিকাভূক্ত কৰা নাই। অন্যান্য ৬৩ টা বৰ্ণৰ লোকক হয় অনুসূচিত, নহ’লে অন্যান্য পিছপৰা জাতিৰ তালিকাভূক্ত কৰিছে।
তদুপৰি তেওঁলোকৰ এক বুজন সংখ্যক লোক
ভাৰতীয় সেনা বাহিনীৰ জাঠ
ৰেজিমেণ্ট, শিখ ৰেজিমেণ্ট, ৰাজপুতনা
ৰাইফল আৰু গ্লেনাডিয়াৰ্চত নিয়োজিত। সাহসিকতাৰ বাবে তেওঁলোকে বহু সেনা পুৰস্কাৰো পাইছে। ব্ৰিটিচ ভাৰতীয় সেনা বাহিনীতো
তেওঁলোক নিয়োজিত আছিল। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিচ ভাৰতীয় সেনা
হিচাপে তেওঁলোকে অংশ গ্রহণ কৰিছিল। ছহিদ ভগত সিং, দাৰা সিং জাঠ সম্প্রদায়ভূক্ত আছিল৷ ৰাজনীতি, ক্রীড়া,
চিনেমা জগতত তেওঁলোকৰ
উল্লেখযোগ্য প্রতিনিধিত্ব আছে। ৰাজনীতিবিদ বলৰাম জাখৰ, অভিনেতা ধর্মেন্দ্ৰ,
বেডমিণ্টন খেলুৱৈ চাইনা
নেহৱাল, অলিম্পিক পদক বিজয়ী বিজেন্দৰ সিং আদি জাঠ সম্প্ৰদায়ৰ মানুহ । এই তালিকা আৰু অধিক দীঘলীয়া।
অপ্রাসংগিক হ’ব বুলি সেই তালিকা প্রকাশৰ পৰা বিৰত থকা হ’ল। এইবোৰ কাৰণতে চুপ্রিম কোর্টে তেওঁলোকক অন্যান্য পিছপৰা জাতিৰ মৰ্যদা প্ৰদান
কৰিবলৈ অস্বীকাৰ কৰি আছে।
২০১২
চনৰ ফেব্ৰুৱাৰী-মাৰ্চৰপৰা জাঠ আন্দোলন আৰম্ভ হৈছে যদিও বৰ্তমানৰ আন্দোলনে
হিংসাত্মক ৰূপ ধাৰণ কৰিছে। আন্দোলনৰ ধ্বংসাত্মক গতি-বিধিলৈ লক্ষ্য কৰি চৰকাৰে ৬ লাখৰ তলত উপাৰ্জন কৰা জাঠ
লোকসকলক অর্থনৈতিকভাবে পিচপৰা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰি ২০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত লৈছে আৰু আগন্তুক হাৰিয়ানা বিধান সভাৰ
বাজেট অধিবেশনত এই সন্দৰ্ভত বিল উত্থাপন কৰিব বুলি চৰকাৰে আশ্বাস দিছে। কিন্তু জাঠ আন্দোলনৰ নেতাসকলে সংৰক্ষণ নোপোৱালৈকে আন্দোলন অব্যাহত
ৰাখিব বুলি হুংকাৰ দিয়াত কেন্দ্ৰীয় মন্ত্ৰী ভেংকয়া নাইডুৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি বিধান সভা অধিবেশনৰ আগতে বিশেষ পিছপৰা
জাতিৰ মৰ্যদা প্ৰদানৰ সূত্ৰ উদ্ভাৱন কৰাৰ লগতে বেলেগ বৰ্ণ নিৰ্দ্ধাৰণ কৰি আৰু অধিক ৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে
চিন্তা-চৰ্চা কৰি আছে। সদ্যহতে আন্দোলন কিছু শাম কাটিছে যদিও এই লেখা যুগুতোৱাৰ পৰলৈকে পৰিস্থিতি অশান্ত হৈয়ে আছে।
আন্দোলনৰ
ফলত ইতিমধ্যে ১৯ জন লোকৰ প্রাণহানি হোৱাৰ লগতে দুশতকৈও অধিক লোক আহত হৈছে।
হাৰিয়ানা আৰু হাৰিয়ানাৰ সীমা
সংলগ্ন ৰাজ্যসমূহৰ ৩৪ হাজাৰ
কোটি টকা লোকচান হৈছে। ‘পিএচডি চেম্বাচ্ অৱ কমাৰ্চ এণ্ড ইনণ্ডাষ্ট্ৰী’ৰ অধ্যক্ষ মহেশ গুপ্তাই জনোৱা মতে হৰিয়ানা, পঞ্জাৱ,
দিল্লী, উত্তৰাখণ্ড,
ৰাজস্থান, হিমাচল প্রদেশ আৰু জন্মু-কাশ্মীৰৰ বিভিন্ন উদ্যোগ
ক্ষেত্ৰবোৰত লোকচান হৈছে ৩৪ হাজাৰ কোটি টকা। সমগ্র দেশত ৮০০ খন ৰে'ল বাতিল কৰিব লগা হৈছে। ইয়াৰ মাজত অসমৰো ২০
খন ৰে'ল আছে। পর্যটন, ৰে'ল আৰু পৰিবহন ব্যৱস্থা বাধাগ্রস্ত হোৱাৰ কাৰণে ১৮ হাজাৰ কোটি,
কৃষি বাণিজ্য, বিদ্যুৎ আদি সৰবৰাহ বন্ধ হোৱাৰ কাৰণে ১২ হাজাৰ কোটি, ৰেষ্ট'ৰেণ্ট,
বাচষ্টেণ্ড, ৰেল ষ্টেচন বন্ধ থকাৰ থকাৰ কাৰণে ৪ হাজাৰ কোটি টকা ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছে। ইয়াৰ উপৰিও সৰু-বৰ কল-কাৰখানাত কাম-কাজ বন্ধ
থকাৰ কাৰণে নিতৌ কোটি কোটি
টকা লোকচান হৈছে। আইএমডি মনেছৰ আৰু মাৰুতি কোম্পানীৰ কাম-কাজ বন্ধ
থকাৰ কাৰণে কোটি কোটি টকা লোকচানহৈছে। এই দুই প্রতিষ্ঠানত নিতৌ প্রায় ১০ হাজাৰ গাড়ী নির্মাণ কৰা হয়। আন্দোলনৰ
সময়ছোৱাত প্রায় ৫০০ টা অট'মোবাইল পাৰ্টচ নিৰ্মাণ কৰা কাৰখানা বন্ধ হৈ
আছিল। অট’মোবাইলৰ লগতে চামড়া উদ্যোগ, গাৰমেণ্ট কাৰখানা,
টেক্সটাইল, ইল্টে নিক্স আৰু হাৰ্ডওৱেৰ কোম্পানীসমূহত মাল সৰবৰাহ বন্ধ
হৈ থকাৰ ফলত ইয়াৰ কাম-কাজ প্ৰভাৱিত হৈছে। দিল্লীলৈ পানী
সৰবৰাহ কৰা মুনক নলা বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ ফলত দিল্লীত পানী সংকটে দেখা
দিছিল। বহু ঠাইত অগ্নি সংযোগ কৰা হৈছে। ইয়াৰ ফলত হাজাৰ
হাজাৰ টকা লোকচানহৈছে। এই আন্দোলন ইমানেই ভয়াৱহ আছিল যে সাতখন চহৰত সান্ধ্য আইনো বলৱৎ কৰিব লগা হৈছিল। সম্প্রতি ঠায়ে ঠায়ে পৰি থকা
মহিলাৰ অন্তবাস লৈ লক্ষ্য কৰি ধৰ্ষণৰ দৰে ঘটনাও সংঘটিত হৈছে বুলি চৰ্চা হৈ আছে। এই বিষয়ে হাৰিয়ানা চৰকাৰে তদন্তৰো নিৰ্দেশ দিছে। এই
আন্দোলনৰ প্ৰভাৱ কম-বৈচি পৰিমাণে প্রত্যক্ষ আৰু পৰোক্ষভাবে সমগ্ৰ দেশতে পৰিছে।
(জনসাধাৰণ-৪-৩-১৬)
নির্বাচন
কেন্দ্ৰিক মিত্রতাই কিমান লাভবান কৰিব অগপ-বিজেপিক?
বৌদ্ধধৰ্মৰ
প্ৰৱৰ্তৰ্ক গৌতম বুদ্ধই উপখ্যানৰ যোগেদি মানুহক শিক্ষাদান কৰিছিল। তাৰে এটা
উপখ্যান আছিল এনেকুৱা- এবাৰ ৰোহিণী নৈৰ পানীৰ ভাগ-বাটোৱাৰালৈ শাক্য আৰু খালিয়সকলৰ মাজত যুদ্ধ লগাৰ
উপক্ৰম হৈছিল। দুয়োপক্ষৰ সেনাবাহিনী যুদ্ধক্ষেত্ৰত সমৱেত হোৱাৰ সময়ত গেৰুৱা সাজ পিন্ধি তাত আহি হঠাৎ বুদ্ধ দেৱ উপস্থিত হ’লহি। বুদ্ধদেৱে নম্ৰ ভাষাৰে সুধিলে-এই নদীৰ পানী নদীখনৰ
নিজৰ বাবে মূল্যবান, নে মানুহৰ কাৰণে মূল্যবান,
কওঁকচোন?
উভয়
পক্ষৰ ৰজাই ক'লে যে,
নদীৰ পানী নদীৰ কাৰণে নহয়, মানুহৰ কাৰণেহে মূল্যবান।
তেতিয়া
বুদ্ধদেৱে ক’লে- কিন্তু আপোনালোকে যদি যুদ্ধ কৰে আপোনলোকৰ
বহু মানুহ মৰিব। গতিকে আপোনালোকে থিৰাং কৰি লওঁক- আপোনালোকে পানীখিনিৰ মূল্য দিব, নে যিসকলৰ ব্যৱহাৰৰ কাৰণে আপোনালোকে পানীৰ অধিকাৰ লৈ যুদ্ধ
ক্ষেত্ৰত সমৱেত হৈছে সেইসকল মানুহক
অধিক মূল্য দিব? ইয়াৰ পাছত উভয় ৰজাই কথাটোৰ গুৰুত্ব উপলব্ধি কৰি
আপোচ-মীমাংসা কৰি পানী ভাগ-বাটোৱাৰা কৰি ল'লে। ফলত উভয়পক্ষৰ মানুহ অনাহকত মৃত্যুৰ হাতৰ পৰা ৰক্ষা পৰিল ।
এই
উপখ্যানটো ইয়াত উদ্ধৃত কৰাৰ উদ্দেশ্য হ’ল- বহু জল্পনা-কল্পনাৰ অন্তত ২ মাৰ্চৰ বিয়লি
দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ
বাসভৱনত
বিজেপি আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বৰ সৈতে হোৱা বৈঠকৰ অন্তত অগপ-বিজেপিৰ মিত্ৰতা
চূড়ান্ত হ’ল। কিন্তু তাৎপর্যপূর্ণ কথাটো হ’ল,
এই মিত্ৰতাৰ বাতৰি প্ৰচাৰ
হোৱাৰ লগে লগে সমগ্ৰ অসমত উভয় দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত ক্ষোভৰ জুই উদ্গীৰণ
হ’বলৈ আৰম্ভ কৰিছে। ঠায়ে
ঠায়ে অগপ আৰু বিজেপিৰ তৃণমূল পর্যায়ৰ কৰ্মীসকলে নিজ নিজ দলৰ নেতাসকলৰ বিৰুদ্ধে
ৰাজপথলৈও ওলাই আহিছে। এই ক্ষেত্ৰত বিজেপিতকৈ অগপৰ এই বিক্ষোভৰ প্ৰকৃতি কিছু হ'লেও ভিন্ন। কাৰণ অগপৰ বিক্ষোভ মাথোন দলৰ কৰ্মীৰ মাজতে
সীমাৱদ্ধ হৈ থকা নাই, জাতীয়তা তথা আঞ্চলিকতাবাদত বিশ্বাসী প্রতি গৰাকী অসমীয়াই এই মিত্ৰতাৰ
ফলত চক্ খাই উঠিছে। কাৰণ অসমৰ মানুহৰ কাৰণে অগপ মাথোন এটা দল নহয়, এই দলৰ
লগত সাঙোৰ খাই আছে এক ৰক্তক্ষয়ী ইতিহাস সাঙোৰ খাই আছে অসমৰ মানুহৰ আবেগ অনুভূতি।
কাৰণ ছবছৰীয়া ঐতিহাসিক আন্দোলনৰ
পাছত ১৯৮৫ চনৰ ৫ অক্টোবৰত
গোলাঘাটত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল। জন্মৰ পাছত অসমৰ জনগণে বহু প্রত্যাশাৰে
এবাৰ নহয় দুবাৰকৈ
এই দলক ক্ষমতাত অধিষ্ঠিত
কৰিছে। কিন্তু নেতৃত্বৰ ভুলৰ বাবেই হওঁক নাইবা ৰাজনৈতিক অপৰিপক্কতাৰ বাবেই হওঁক এই
দলে অসমৰ ৰাইজক আশানুৰূপ ধৰণে প্রতিনিধিত্ব কৰিব নোৱাৰিলে।
সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা এই দলে সোণৰ অসম গঢ়াতো দূৰৰে কথা সময়
মতে কৰ্মচাৰীসকলৰ দৰমহাই মোকলাই দিব নোৱাৰিলে।
মাথোন সেয়াই নহয়, তদানীন্তন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়
চৰকাৰৰ ওচৰত সেও মানি দহ
বছৰৰ কাৰণে চাকৰি বাকৰিৰ
ক্ষেত্ৰত প্রতিবন্ধকতা আৰোপ কৰিবলৈও কুণ্ঠাবোধ নকৰিলে অদূৰদৰ্শী ক্ষমতালোভী
নেতৃবৃন্দই। যাৰ ফলত অগপ দলৰ
প্ৰতি সম্প্ৰতি অসমৰ মানুহৰ
মোহভংগ তথা আস্থা নোহোৱা হৈছে। গতিকে দলৰ নেতাসকলে হীনমন্যতাত ভুগি নিজৰ ৰাজনৈতিক
ভৱিষ্যত সুৰক্ষিত
কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ
কৰ্মীৰ মতামত অবিহনেই মিত্রতা চূড়ান্ত কৰি অসমৰ মানুহৰ আশা-আকাংক্ষাৰ মূৰত
কুঠাৰাঘাত কৰিলে। অতিকৈ
পৰিতাপৰ কথা যে, ৰাজ্যৰ ৪২ খন আসনত গণভিত্তি থকা দলটোৱে মাথোন ২৮ খন আসন
বিচাৰি ১৫ খন আসনৰ আশ্বাসেৰে লজ্জাজনকভাবে গেৰুৱা
দলৰ ওচৰত আত্মসমর্পণ কৰিলে। এক কথাত ক’বলৈ গ'লে,
অগপ নেতৃত্বই অসমৰ ৰাইজৰ
আবেগ অনুভূতিক ভৰিৰে মোহাৰি ভাৰতীয় জনতা দলৰ
লগত আত্মঘাতী মিত্ৰতা কৰিলে। এই মিত্ৰতাৰ ফলত মাথোন দলীয় কর্মীয়ে নহয়, আঞ্চলিকতাবাদত বিশ্বাসী প্রতিজন সচেতন নাগৰিক স্তম্ভিত হৈ পৰিছে। সন্দিহান হৈ পৰিছে এই দলৰ ভৱিষ্যতকলৈ। কাৰণ সাগৰত
পৰাৰ পাছত নদী কেতিয়াও নদী হৈ নাথাকে। অগপ নেতৃত্বই দলৰ সাধাৰণ পৰিষদৰ বিৰোধিতা সত্ত্বেও একপক্ষীয়ভাবে লোৱা এই মিত্ৰতাৰ
সিদ্ধান্তৰ পৰা ইয়াৰ পৰা এইটো ধাৰণা হৈছে,
যে অগপৰ নেতাসকলে উপখ্যানত উল্লেখ কৰাৰ দৰে অসমৰ ৰাইজতকৈ পানী অর্থাৎ ক্ষমতাৰ প্ৰতিহে
অধিক গুৰুত্ব প্ৰদান কৰিছে।
এই
মিত্ৰতাৰ ফলত সমগ্ৰ ৰাজ্যত অগপ আৰু বিজেপি দলৰ তৃণমূল পর্যায়ৰ কৰ্মীসকলৰ মাজত মাথোন
বিক্ষোভে হোৱা নাই, মিত্ৰতা কেন্দ্রিক সংঘাতক কেন্দ্ৰ কৰি ইতিমধ্যে অগপৰ দুগৰাকী শীর্ষস্থানীয়
নেতা দূর্গাদাস বড়ো আৰু ৰেখাৰাণী বড়োই দল ত্যাগ পর্যন্ত কৰিছে। অগপ নেতৃত্বই অসমৰ জলন্ত
সমস্যা সমাধান, অসম চুক্তিৰ সফল ৰূপায়ন, ছহিদৰ পৰিয়ালক সংস্থাপন, মূল্যবৃদ্ধি
ৰোধ, বানপানী আৰু নিৱনুৱা সমস্যা সমাধানকে আদি কৰি বিভিন্ন সমস্যা সমাধান অর্থাৎ অসমৰ মানুহৰ আশা-আকাংক্ষা
বাস্তৱায়িত তথা ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে মিত্ৰতা কৰিছে বুলি সজোৰে প্ৰচাৰ
চলাই আছে। কিন্তু তেওঁলোকৰ এই প্ৰচাৰ অসমৰ ৰাইজে
সহজভাবে ল’ব পৰা নাই। কাৰণ অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা
হোৱাৰ আগত বৃহৎ নদীবান্ধ,
বাংলাদেশক ভূমি হস্তান্তৰ
আৰু হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ প্ৰসংগলৈ এই দুই দলৰ অৱস্থান আছিল দুই বিপৰীত
মেৰুত। গতিকে নীতিগতভাবে
আকাশ-পাতাল পার্থক্য থকা দুই
দলৰ মিলন অৰ্থাৎ তেল পানীৰ মিলনক লৈ সচেতন মহলে সহজভাবে ল’ব পৰা নাই। ল’ব নোৱাৰাটো স্বাভাৱিকো। তদুপৰি বিজেপিয়ে ইতিমধ্যে অসমৰ ৰাইজক যিমানবোৰ
প্ৰতিশ্ৰুতি দিছে তাৰ কোনো এটাও ৰক্ষা কৰা নাই। উদাহৰণ স্বৰূপে বৃহৎ নদীবান্ধ আৰু বাংলাদেশক ভূমি হস্তান্তৰৰ কথা উনুকিয়াব পাৰি। যি
বাংলাদেশীৰ প্ৰসংগলৈ অসমত ছবছৰীয়া ঐতিহাসিক আন্দোলন হৈ গৈছে সেই বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তও অসমৰ ৰাইজৰ কাৰণে কেতিয়াও
গ্রহণযোগ্য হ’ব নোৱাৰে। এই সিদ্ধান্তৰ জৰিয়তে মাথোন অসম
চুক্তিকে অৱমাননা কৰা
হোৱা নাই, ৮৫৫ গৰাকী ছহিদকো অপমান কৰা হৈছে। গতিকে অগপ নেতৃতত্বই
অসমৰ ভৱিষ্যত সুৰক্ষিত আৰু আশা-আকাংক্ষা বাস্তবায়িত কৰাৰ কাৰণে মিত্ৰাৰ সিদ্ধান্ত লৈছে বুলি যি প্ৰচাৰ চলাইছে, সেয়া অসমৰ ভোটাৰে কিমানদূৰ বিশ্বাসেৰে লয় সেয়া নিশ্চয়
লক্ষ্যণীয় হ’ব।
আনহাতে
অসমত বিজেপিৰ ঢৌ থাকিলেও তৃণমূল পৰ্যায়ত তেওঁলোকৰ বিশেষ গণভিত্তি নাছিল। সেয়ে
তৃণমূল পর্যায়ত গণভিত্তি থকা অগপৰ
লগত মিত্ৰতা কৰি নিজৰ ভেটি
সুদৃঢ় তথা ‘মিছন ৮৪’
সফল কৰিবলৈয়ে যে বিজেপি
নেতৃত্বই এই মিত্ৰতাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে তাত সন্দেহৰ অৱকাশ নাই। সেয়ে তৃণমূল পর্যায়ত গণভিত্তি থকা
অগপৰ লগত মিত্ৰতা চূড়ান্ত কৰি বিজেপি নেতৃত্ব খুবেই আশাবাদী হৈ উঠিছে। কাৰণ মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত হোৱাৰ পাছতে ২০১৬ ৰ নিৰ্বাচনত
বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনত অধিষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে দৃঢ়তাৰে ঘোষণা কৰিছে। এই ঘোষণাৰ আঁৰত
নিৰ্ভৰযোগ্য কাৰণো আছে। বিজেপি দল বিশেষকৈ বঙালী হিন্দু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল।
ৰাজ্যৰ
৪২ টা সমষ্টিত বঙালী হিন্দু ভোটাৰে জয়-পৰাজয়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্রহণ
কৰে। তাৰে ১৫ টা সমষ্টি আছে বৰাক উপত্যকাত আৰু ২৭ টা সমষ্টি আছে ব্ৰহ্মপুত্ৰ উপত্যকাত। বাংলাদেশী হিন্দুক
নাগৰিকত্ব প্ৰদানৰ আশ্বাস দি ইতিমধ্যে এই ৪২ টা সমষ্টিক নিজৰ পক্ষলৈ টানিবলৈ সক্ষম
হৈছে বুলি বিজেপি নেতৃত্ব এক প্ৰকাৰ নিশ্চিত হৈছে।
কিন্তু মিছন ৮৪ সফল কৰাৰ কাৰণে তেওঁলোকৰ আৰু ৪২ খন আসন প্রয়োজন আছিল । অগপৰ লগত মিত্ৰতা কৰি বিজেপিয়ে এই ৪২ খন আসন নিজৰ অধীনলৈ অনাৰ সপোন
দেখি আছে। কাৰণ যোৱাটো বিধান সভা নির্বাচনত অগপ দলে ১০৪ খন আসনত প্ৰতিদ্বন্ধিতা কৰি ১০ খনত বিজয়ী হৈছিল আৰু ৩৭ টা
সমষ্টিত দ্বিতীয় স্থানত থকাৰ বিপৰীতে ২১ টাত তৃতীয় স্থানত আছিল। তদুপৰি অগপ আৰু বিজেপিৰ মাজত ভোট বিভাজনৰ ফলত অগপ বহুকেইটা সমষ্টিত
পৰাজয় হৈছিল। গতিকে মিত্ৰতাৰ জৰিয়তে এই ভোট বিভাজন ৰোধ কৰি অন্ততঃ ৪২ খন আসনত বিজয় সাৱ্যস্ত কৰিব পাৰিব বুলি
আত্মবিশ্বাসী হৈয়ে বিজেপি নেতৃত্বই ২০১৬ৰ নিৰ্বাচনত চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে।
কিন্তু
বিজেপিৰ এই আশা কিমানদূৰ ফলপ্ৰসূ হ’ব সেয়া সময়েহে চূড়ান্ত কৰিব যদিও
সাম্প্ৰতিক মিত্ৰতা কেন্দ্রিক সংঘাতলৈ লক্ষ্য কৰি এই বিষয়ে কিছু হ'লেও অনুমান কৰিব পাৰি যে বিজেপি নেতৃত্ব এই
আশা পূৰণৰ ক্ষেত্ৰত খুবেই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব
লাগিব। কাৰণ মিত্ৰতাৰ বাতৰি প্ৰচাৰ
হোৱাৰ লগে উভয় দলৰ তৃণমূল
পৰ্যায়ৰ কৰ্মীৰ মাজত ক্ষোভৰ জুই উদ্গীৰণ হ’বলৈ আৰম্ভ কৰিছে। ফলত যি ভোট বিভাজন ৰোধ কৰাৰ
আশা লৈ মিত্ৰতা চূড়ান্ত কৰা হৈছে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বিক্ষোভৰ ফলত সেই ভোট বিভাজনৰ
আশংকা যেন অধিক প্ৰকটহে হৈ উঠিছে। কোনো কোনো সমষ্টিত উভয় দলৰ কৰ্মীসকলে নিজাববীয়াকৈ প্ৰাৰ্থী
প্ৰক্ষেপ কৰাৰো হুংকাৰ দি আছে। যদি বৰ্তমানৰ স্থিতি শেষলৈকে একেই থাকে তেনেহ'লে ভোট
বিভাজন আগতকৈও অধিক হ’ব পাৰে বুলি সচেতন মহলে ধাৰণা কৰিবলৈ বাধ্য হৈছে।
বিভিন্ন
তথ্যৰ পৰা জনা যায় যে অগপ দলৰ এই শোচনীয় অৱস্থাতো দলৰ দখলত এতিয়াও প্রায়
প্রতিখন সমষ্টিতে ১৫-২০ শতাংশকৈ ভোট
আছে। তৃণমূল পর্যায়ৰ
কৰ্মীসকলৰ অসন্তুষ্টিৰ ফলত এই ভোটত নিশ্চয় খহনীয়া সংঘটিত হ’ব। তদুপৰি অগপ দলে ইয়াৰ আগত ২০০৬ চনৰ নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা কৰি ইতিমধ্যে এবাৰ বিফল
হৈছে। এষাৰ কথা শুনিবলৈ বেয়া যেন লাগিলেও এইটো ঠিক যে, বিজেপিৰ উত্থানৰ পাছতে
অগপৰ গ্রহণযোগ্যতা লাহে লাহে হ্রাস পাবলৈ আৰম্ভ কৰিছে। অর্থাৎ অগপৰ ভেটি যিমান
দুৰ্বল হৈ আছে, পক্ষান্তৰে বিজেপিৰ ভেটি সিমানে সবল হৈ গৈ আছে।
বিজেপিৰ
এই মিছনৰ বিৰুদ্ধে আন এক শক্তিও প্ৰত্যাহ্বান ৰূপে থিয় দিয়াৰ আশংকা আছে। সেয়া হ’ল সংখ্যালঘু ভোটাৰ। নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰিলে দেখা যায় যে,
অগপ দল প্ৰথমবাৰ ক্ষমতাত
অধিষ্ঠিত হোৱাৰ মূলতে আছিল অগপৰ সমান্তৰালভাবে ১৯৮৫ চনৰ ১১ নৱেম্বৰত নগাঁও জিলাৰ হোজাইত আত্মপ্রকাশ কৰা সংযুক্ত সংখ্যালঘু মৰ্চা। চমুকৈ ইউ
এম এফ। এই দলৰ আত্মপ্ৰকাশৰ ফলত কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত সংখ্যালঘু ভোটাৰে কংগ্ৰেছক প্রত্যাখান কৰাৰ ফলত অগপ
ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। ১৯৯৬ ৰ নিৰ্বাচনত পৰিস্থিতি
কিছু ভিন্ন আছিল।
সংখ্যালঘু মৰ্চাৰ পৰা ফালৰি
কাটি আহি বহু সংখ্যালঘু ভোটাৰ ১৯৯৬ চনত অগপত যোগদান কৰিছিল। এই সংখ্যালঘু ভোটৰ
লগতে চিপিআই(এম)ৰ
লগত হোৱা নিৰ্বাচনী মিত্ৰতাৰ
ফলত ১৯৯৬ চনত দ্বিতীয়বাৰৰ কাৰণে অগপ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত অগপ-৫৯, কংগ্রছে-৩৪,
বিজেপিয়ে-৪ খন আসনত বিজয়ী
হোৱাৰ বিপৰীতে সংযুক্ত সংখালঘূ মৰ্চাই প্ৰথমবাৰৰ ১৭ খন আসনৰ ঠাইত মাথোন দুখন আসনতে সন্তুষ্ট থাকিব লগা হৈছিল। অর্থাৎ এই নির্বাচনতে ইউ এম এফ
দল নিচিহ্ন হৈ গৈছিল। পাছৰ পৰ্যায়ত ২০০১ ৰ নিৰ্বাচনত অগপৰ প্ৰশাসনিক দুৰ্বলতাৰ সুযোগত কংগ্ৰেছ দল ক্ষমতালৈ আহিছিল। অৱশ্যে অগপ আৰু
বিজেপিৰ মাজত হোৱা ভোট বিভাজনে কংগ্ৰেছক ক্ষমতাত অধিষ্ঠিত হোৱাত কিছু পৰিমাণে হ'লেও সহায় কৰিছিল বুলি ভাবি পাৰি। এই
নিৰ্বাচনত কংগ্ৰেছ- ৭১ খন,
অগপ ২০ আৰু বিজেপি ৮ খন আসনত
বিজয়ী হৈছিল।
২০০৬
চনৰ নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত আই এম ডি টি আইন বাতিলৰ গইনা লৈ এ আই ইউ ডি এফ দলৰ
উত্থান হয়। ইয়াৰ সমান্তৰালভাবে ২০০১ ৰ নিৰ্বাচনৰ
অভিজ্ঞতাৰ ভিত্তিত ভোট বিভাজন ৰোধ কৰি কংগ্ৰেছক প্রতিহত কৰাৰ কাৰণে অগপ আৰু
বিজেপিৰ মাজত মিত্রতা হয়। কিন্তু ধর্ম নিৰপেক্ষতাত
বিশ্বাসী অসমৰ ভোটাৰে অগপ-বিজেপিৰ এই মিত্ৰতাক সহজভাবে ল’ব নোৱাৰিলে। কাৰণ অসমৰ মানুহ ধৰ্মতকৈ ভাষাৰ প্ৰতিহে সদায় অধিক সংবেদনশীল। সেয়েহে ধর্ম নিৰপেক্ষ ভোটাৰে উভয় দলক
প্রত্যাখান কৰে। ফলত কংগ্ৰেছ দ্বিতীয়বাৰলৈ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হয়। এই
অভিষেক নির্বাচনতে এ আই ইউ ডি এফে ১০ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ২০১১ ৰ
নিৰ্বাচনত অগপ আৰু বিজেপিয়ে নিজাববীয়াকৈ নিৰ্বাচনত
অৱতীৰ্ণ হয়। এই নির্বাচনত কংগ্ৰেছে আশা কৰাতকৈও অধিক অর্থাৎ ৭৯ খন আসনত বিজয়
সাৱ্যস্ত কৰিবলৈ সক্ষম হয়। এই নিৰ্বাচনত নামনি
অসমৰ সংখ্যালঘু ভোটাৰে এ আই ইউ ডি এফৰ সপক্ষে ভোট প্ৰদানৰ বিপৰীতে উজনিৰ ভোটাৰে
কংগ্ৰেছৰ সপক্ষে স্বতঃস্ফূর্তভাবে ভোট প্রদান কৰিছিল। ইয়াৰ আঁৰত বদৰুদ্দিন আজমল যাতে কিং মেকাৰ হ’ব নোৱাৰে উজনিৰ ভোটাৰৰ মনত এই ধাৰণা প্ৰচ্ছন্ন হৈ আছিল
বুলি বহুতে ক'ব খোজে। ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰকৃতি অলপ হ’লেও ভিন্ন হ’ব বুলি ধাৰণা কৰিব পাৰি। কাৰণ ইতিমধ্যে এ আই
ইউ ডি এফৰ প্ৰতি সংখ্যালঘু মানুহৰ মোহভংগ হৈছে।
কাৰণ এ আই ইউ ডি এফ দলে বিগত পাঁচটা বছৰত সংখ্যালঘূৰ উন্নয়নৰ স্বাৰ্থত কোনো
উল্লেখযোগ্য কামেই নকৰিলে। মাথোন আত্মপক্ষ সমর্থন কৰিয়ে পাঁচটা বছৰ পাৰ কৰিলে। ফলত বহু সংখ্যালঘু সচেতন
ভোটাৰ ইতিমধ্যে এ আই ইউ ডি এফৰ প্ৰতি বীতশ্রদ্ধ হৈ উঠিছে। আনহাতে বিজেপিৰ উত্থানতো সংখ্যালঘু ভোটাৰ কিছু পৰিমাণে শংকিত হৈ উঠিছে।
গতিকে বিজেপি দলে যাতে চৰকাৰ গঠন কৰিব নোৱাৰে তাৰবাবে সংখ্যালঘু ভোটাৰে শেষমুহূর্তত কংগ্ৰেছক সমর্থন কৰিলেও আচৰিত হ'বলগীয়া একো নাই। ইফালে ধর্ম নিৰপেক্ষ ভোটাৰে শেষ মুহূৰ্তত
কংগ্ৰেছৰ বিকল্প কোনো দল
নাপালে কংগ্রেছকে সমর্থন
কৰিব বুলি ধাৰণা কৰিব পাৰি। লগতে অগপ আৰু বিজেপিৰ বিৰুদ্ধে দলীয় কৰ্মীসকলৰ ক্ষোভ
আছেই। গতিকে অগপৰ
লগত নির্বাচন কেন্দ্রিক মিত্ৰতা
হ’লেও বিজেপিৰ যাত্ৰাপথ দলীয় নেতৃত্বই ভবা ধৰণে সূচল নহ'বও পাৰে।
(জনসাধাৰণ-১১-০৩-১৬)
কোন দিশে গণতন্ত্র
গণতন্ত্ৰৰ
পৰিভাষা আব্রাহাম লিংকনে এইদৰে দিছে- গণতন্ত্র জনতাৰ, জনতাৰ কাৰণে,
জনতাৰ দ্বাৰা প্রতিষ্ঠিত কৰা
শাসন। এই পৰিভাষাকেই
বর্তমানলৈকে আটায়ে সহজবোধ্য
আৰু সঠিক বুলি মানি আহিছে। গণতান্ত্রিক প্ৰণালীৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল,
এই প্ৰণালীত আইনক গুৰুত্বপূৰ্ণ স্থান দিয়া হয়। সকলোৰে বাবে আইন সমান। দেশৰ
প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ যি অধিকাৰ সাধাৰণ জনতাৰো সেই একেই অধিকাৰ। ইয়াৰ ফলত জনতা একতাৰ ডোলেৰে বান্ধ খাই থাকে। নিজক সুৰক্ষিত
অনুভৱ কৰে। গণতন্ত্ৰত ৰাষ্ট্ৰতকৈ জনতাৰ মহত্ব অধিক। ফলত জনতাৰ সুখ-দুখৰ প্ৰতি লক্ষ্য ৰাখি আইন প্রণয়ন কৰা হয়। জনতাই নিজেই নিজৰ
প্ৰতিনিধি নির্বাচন কৰে। সেয়ে জনতাক জনাদন হিচাপে স্বীকৃতি দিয়া হয় গণতান্ত্রিক শাসন ব্যৱস্থাত। জনতাৰ বহুমুখী বিকাশৰ কাৰণে কাম কৰিবলৈ
চৰকাৰ এখন দায়ৱদ্ধ। ফলত নিৰ্বাচনৰ সময়ত প্ৰতিটো দলেই জনতাক আকৰ্ষিত কৰাৰ কাৰণে নানা ধৰণৰ প্ৰতিশ্ৰুতি দি নির্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰে।
সম্প্রতি
অসমত অনুষ্ঠিত হৈ থকা নির্বাচনতো ৰাজনৈতিক দলৰ প্ৰতিশ্ৰুতিৰ ঢল নামিছে। নিৱনুৱা
সমস্যা সমাধান, শিক্ষা,
যাতায়ত, ক্ষুদ্র শিল্প,
জনস্বাস্থ্য, মহিলা সৱলীকৰণ,
কৃষি, পর্যটন,
বানপানী তথা গৰাখহনীয়া
প্ৰতিৰোধ, ৰাজ্যৰ নিৰাপত্তা, উন্নত শাসন ব্যৱস্থা,
পৰিৱেশ সংৰক্ষণকে আদি কৰি বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা চলাই
থকা হৈছে। এনেকি ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে। কিন্তু প্রশ্ন হয়, যিমানবোৰ
প্ৰতিশ্ৰুতিৰ কথা কোৱা হৈছে,
তাৰ কিমানটা পালন কৰা সম্ভৱ
হ’ব?
এবাৰ পঞ্চায়ত নিৰ্বাচনৰ
সময়ত এজন প্রার্থীয়ে
কৌতুকতে এষাৰ কথা কৈছিল।
তেওঁ কৈছিল যে, তেওঁ নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে, মানুহৰ কাম কৰি খোৱাৰ প্ৰয়োজন নহ’ব। শুই-বহি থাকিয়ে পেট
পূৰাই খাব পাৰিব। কাৰণ তেওঁ ওচৰৰ নদী,
খাল-বিলবোৰত বান্ধ দি পানীৰ
পৰিৱৰ্ত্তে গাখীৰ, চিৰা আৰু চেনিৰে ওপচাই দিব। ভোক লাগিলে ৰাইজে ইচ্ছামতে সেইবোৰ পেট পূৰাই খাব পাৰিব। সম্প্ৰতি যি
ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে,
এইবোৰ ঠিক প্রার্থীজনে
কৌতুকতে কোৱা কথাষাৰৰ
সমপৰ্যায়ৰ নহয়নে বাৰু?
কাৰণ
ইয়াৰ আগতেও অসমৰ ভোটাৰক বহু প্রতিশ্রুতি দিয়া হৈছে, বহু সপোন দেখুৱা হৈছে; কিন্তু
মূৰত গৈ সেইবোৰ সকলো ফুটুকাৰ ফেনত
পৰিণত হোৱা প্ৰত্যক্ষ কৰিছে
অসমৰ ভোটাৰে। এই ক্ষেত্ৰত যোৱাটো লোকসভা নিৰ্বাচনৰ কথা উনুকিয়াব পাৰি। যোৱাটো
নিৰ্বাচনত বিজেপি দলে
আমাক বহু সপোন দেখুৱাই মূৰত
গৈ কি কৰিলে সেয়া সকলোৱে দেখি আছে। এইবাৰৰ প্ৰতিশ্ৰুতিও যে মূৰত গৈ ফুটুকাৰ ফেনত
পৰিণত নহ'ব,
তাক কোনে ডাঠি ক’ব পাৰিব! কাৰণ কোৱাটো সহজ, কৰাটোহে
টান।
ভাৰতবৰ্ষ
এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক দেশ এখনত সংবিধানে সকলো ধৰ্মৰ মানুহক
দ্বিধাহীনভাবে ধর্মাচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু কোনো কোনো দলে সেই ধর্মকে প্রধান ইচ্যু হিচাপে লৈ
নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কাৰণে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। অর্থাৎ আবেগৰ ৰাজনীতি আৰম্ভ কৰিছে। কিন্তু আবেগৰ ৰাজনীতিয়ে
কেতিয়াও স্থায়ীত্ব লাভ কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি অসম গণ পৰিষদ আৰুইউ,এম,এফ দলৰ কথা উনুকিয়াব পাৰি। ছবছৰীয়া অসম
আন্দোলনৰ ফলত এই দুটা দলে ৰাইজৰ আবেগ অনুভূতিক মূলধন হিচাপে লৈ আত্মপ্রকাশ কৰিছিল। বর্তমান ইউ,এম,এফ দলৰ কোনো অস্তিত্ব নাই আৰু অগপই ৰাষ্ট্ৰীয়
দল বেজেপিৰ বোকোচাত উঠি নির্বাচনী বৈতরণী পাৰ হোৱাৰ সপোন দেখি আছে।
এইবাৰৰ
নিৰ্বাচন কে’বাটাও কাৰণত হতাশাজনক তথা গণতন্ত্ৰৰ পৰিপন্থী।
কাৰণ প্ৰাৰ্থীৰপৰা টকা লৈ টিকট প্ৰদান কৰাৰ দৰে ঘটনা ঘটিছে। এ,আই,ইউ,ডি,এফ দলে এইক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে। এই
ক্ষেত্ৰত দৰ-দামো চলিছে। অর্থাৎ যিগৰাকী প্ৰাৰ্থীৰপৰা বেছি টকা পাইছে তেওঁকহে টিকেট প্রদান কৰা হৈছে। প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱা মতে
নমিনেশ্বনৰ সময়ত এ,আই,ইউ,ডি,এফে কে’বাটাও সমষ্টিত একাধিক প্রার্থীক দলীয় টিকট প্ৰদান কৰিছিল। দৰ-দামৰ অংক নিমিলাৰ ফলতে এনেকুৱা অবিবেকী
কাণ্ড সংঘটিত হৈছে বুলি ভবাৰ থল আছে। এনেকুৱা কাণ্ডৰ জৰিয়তে এইবোৰ ৰাজনৈতিক দলে ৰাজনীতিৰ ক্ষেত্ৰখনক ব্যৱসায়ৰ ক্ষেত্ৰলৈ
পর্যবসিত কৰি মাথোন গণতন্ত্রক ভ্রূকুটিয়ে কৰাই নাই, গণতন্ত্রক
কলুষিতও কৰিছে। দলীয়
নীতি-আদৰ্শক বিসর্জন দি বহু
দলে বেলেগ দলৰ পৰা দলত্যাগ কৰি অহা প্ৰাৰ্থীক ৰাতিৰ ভিতৰতে দলীয় টিকট প্ৰদান
কৰিছে। ইয়াৰ ফলত টিকট
প্রত্যাশী বহু প্রার্থী
দলীয় টিকেটৰ পৰা বঞ্চিত হৈ জয়ৰ বাবে নহয় মাথোন প্রতিদ্বন্ধী প্ৰাৰ্থীক পৰাজিত
কৰাৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্রতিদ্বন্ধিতাত অৱতীৰ্ণ হৈছে। অর্থাৎ নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগৰ
আখড়াত নামিছে। এই ক্ষেত্ৰত এআইইউডিএফে আকৌ বেলেগ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে গণভিত্তি নথকা সমষ্টিতো প্রার্থী
প্রক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ফলত
নির্বাচনী সভাবোৰ আক্রমণাত্মক হৈ উঠিছে। গালি-গালাজ, ভ্রূকুটি, কটাক্ষ,
সাম্প্রদায়িক মন্তব্যৰে
ৰাজনৈতিক বাতাৱৰণ উত্তপ্ত কৰি
তুলিছে। ৰাজনৈতিক দলবোৰৰ এই
দুর্ভাগ্যজনক আচৰণৰ ফলত ভোটাৰ ৰাইজৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ
উপৰিও আছে ধনবলৰ চমক। প্ৰতিটো দলেই লাখ লাখ টকা খৰচ কৰি সমদল
উলিয়াই ভোটৰক আকৃষ্ট কৰাৰ কাৰণে প্রয়াস চলাই আছে। (এইদৰে টকা খৰচ কৰি প্ৰাৰ্থী এগৰাকীয়ে কি প্রতিপন্ন কৰিব বিচাৰিছে আৰু খৰচ কৰা টকাবোৰ
ক'ৰপৰা সংগ্ৰহ কৰিছে,
ভোটত জয়ী হোৱাৰ পাছত এইসকল
জনপ্রতিনিধিয়ে ৰাইজৰ
উন্নতিৰ হকে কাম কৰিব, নে খৰচ কৰা টকাবোৰ সুত-মূলে উচল কৰাৰ কাৰণে তৎপৰ হ’ব,
এইবোৰ প্রশ্নই ভোটৰৰ মনত
খলকনি তুলিছে।) ধনবলৰ
সমান্তৰালভাবে বাহুবলো
প্ৰদৰ্শন কৰি থকা হৈছে। অর্থাৎ ঠায়ে ঠায়ে মাৰপিটৰ দৰে ঘটনাও সংঘটিত হৈ আছে।
প্রতিপক্ষৰ নিৰ্বাচনী কার্যালয় জ্বলাই দিয়াৰ
দৰে ঘটনাও সংঘটিত হৈ আছে। দেশৰ ধমনী স্বৰূপ বুদ্ধিজীৱী সমাজো বিভ্রান্ত। এটা শিৱিৰে মুকলিভােেব বিজেপিক ভোট দিয়াৰ বাবে আৰু আনটো শিৱিৰে প্ৰত্যাখান কৰাৰ বাবে আহ্বান জনাইছে।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰচাৰ মাধ্যমসমূহেও নিৰপেক্ষ বাতৰি পৰিৱেশনৰ পৰিৱৰ্ত্তে
উদ্দেশ্য প্রণোদিতভাবে বিশেষ বিশেষ দলৰ স্বপক্ষে বাতৰি
পৰিৱেশন কৰি আছে। ফলত ভোটাৰ ৰাইজ বিভ্রান্ত। কাক ভোট দিব, কাক নিদিব এই বিষয়ে দ্বিধাগ্রস্ত। কাৰণ কংগ্ৰেছ, বিজেপি, এ,আই,
ইউ, ডি,এফ,
অগপ কোনো এটা দলকে ভোটাৰে
আস্থাৰে ল'ব পৰা নাই। কংগ্ৰেছৰ বিৰুদ্ধে প্রতিষ্ঠান
বিৰোধী ঢৌ থকাৰ বিপৰীতে বিজেপি, এ,আই,ইউ,ডি,এফৰ বিৰুদ্ধে আছে সাম্প্ৰদায়িকতাৰ অভিযোগ।
অপেক্ষাকৃতভাবে কংগ্ৰেছৰ ভাৱমূৰ্ত্তি কিছু ভাল হ'লেও, কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনে ৰাইজক অমুৱাইছে। কাৰণ
কংগ্ৰেছে ৰাজ্যলৈ কিছু পৰিৱৰ্ত্তন আনিলেও তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ দুৰ্নীতিৰ ফলত সামগ্রিক উন্নয়নত ব্যৰ্থ হৈছে। ফলত ৰাইজে পৰিৱৰ্ত্তন
বিচাৰিছে। কিন্তু কি সেই পৰিৱৰ্ত্তন?
এই বিষয়ে কোনো স্পষ্ট ধাৰণা
নাই। মাথোন দল সলালেই
পৰিৱৰ্ত্তন সম্ভৱ নে? মাথোন চোলা সলালেই মানুহ এজন পৰিৱৰ্ত্তন হ’ব পাৰে নে?
ভোটাৰৰ মনত এইদৰে হেজাৰ্টা
প্রশ্ন উদয় হৈছে।
পৰিৱৰ্ত্তনৰ
কথাত আফিঙৰ জন্ম সম্পর্কে এটি গল্পলৈ মনত পৰিছে। গল্পটো আছিল এনেকুৱা- এসময়ত এজন
ঋষিৰ আশ্ৰমত এটা নিগনি
আছিল৷ নিগনিটোক মেকুৰী এটাই
আমনি কৰাৰ কাৰণে ঋষিয়ে নিগনিটোক মেকুৰীলৈ ৰূপান্তৰ কৰিলে। মেকুৰীটোক আকৌ কুকুৰ
এটাই আমনি কৰা হ’ল। ফলত মেকুৰীটোক বান্দৰলৈ ৰূপান্তৰ কৰা হ'ল। বান্দৰটোক আকৌ ভালুক এটাই আমনি কৰা হ’ল। গতিকে বান্দৰটোক ভালুকলৈ ৰূপান্তৰ কৰা হ’ল। এইদৰে পৰিৱৰ্ত্তন কৰি কৰি শেষলৈ নিগনিটোক
এজনী ধুনীয়া ছোৱালীলৈ ৰূপান্তৰ কৰা হ’ল। ছোৱালীজনীৰ ৰূপত ভোল গৈ সেই দেশৰ ৰজাই তাইক বিয়া কৰালে। কিন্তু দুর্ভাগ্যবশতঃ বিয়াৰ দুদিনমান
পাছতে ৰাণীগৰাকী মৰি থাকিল৷ ৰাণীগৰাকীৰ মৃত্যুত ৰজাই বৰ দুখ পালে আৰু ঋষিৰ ওচৰলৈ আহি নিজৰ দুখৰ কথা জনালে৷ তেতিয়া ঋষিয়ে ক’লে-‘তুমি দুখ নকৰিবা। তোমাৰ ৰাণীক মই এজোপাপষ্টমণি
গছলৈ ৰূপান্তৰিত কৰি দিম। তুমি সেই
গছজোপাৰ মাজতে তোমাৰ ৰাণীৰ
উপস্থিতি অনুভৱ কৰিব পাৰিবা।’
কোৱাতেই ঋষিয়ে মৃত ৰাণীক
পষ্ট’মণি গছলৈ ৰূপান্তৰ কৰিলে।
পষ্টমণি
গছ আন একো নহয়, আফিং গছহে। আফিঙ সম্বন্ধে বহলাই কোৱাৰ
প্ৰয়োজন নাই। কাৰণ আফিঙৰ গুণাগুণ সম্পর্কে আটায়ে অৱগত। এতিয়া কথা হৈছে,
ৰাজনৈতিক পৰিৱৰ্ত্তন আনিবলৈ
গৈ যাতে দেশৰ ৰাজনীতিক আফিং গছলৈ ৰূপান্তৰ কৰা নহয় তাৰ প্ৰতি সৰ্বসাধাৰণ ভোটাৰ
সজাগ হ’বৰ হ’ল। কাৰণ মাথোন দল পৰিৱৰ্ত্তনে এখন দেশৰ
পৰিৱৰ্ত্তন সাধন কৰিব নোৱাৰে। প্ৰথমতে আমি আমাৰ মানসিক পৰিৱৰ্ত্তন সাধন কৰিব
লাগিব। যিদৰে ৰামায়ণ ৰচিয়তা দস্যু ৰত্নাকৰ
বাল্মীকিলৈ পৰিৱৰ্তন হৈছিল,
কলিংঙ যুদ্ধৰ বিভীষিকা
প্রত্যক্ষ কৰি চণ্ডাশোক ধৰ্মাশোকলৈ পৰিৱৰ্ত্তন হৈছিল, মূর্খ
কালিদাস বেশ্যাৰ কটাক্ষ বাণত
বিধ্বস্ত হৈ কবিত্ব গুণ প্রাপ্ত হৈছিল,
সেইদৰে আমি আমাৰ মানসিকতা
পৰিৱৰ্ত্তন কৰিহে দেশৰ পৰিৱৰ্ত্তন সাধন কৰিব পাৰিম। কাৰণ দেশ এখন বিশেষ কোনো ব্যক্তি বিশেষৰ দ্বাৰা
গঠিত নহয়, জন সমষ্টিৰে গঠিত। ফলত জনসমূহৰ মানসিক
পৰিৱৰ্ত্তনৰ জৰিয়তেহে
দেশৰ পৰিৱৰ্ত্তন সাধন কৰা
সম্ভৱ। মাথোন দল পৰিৱৰ্ত্তনৰ জৰিয়তে দেশৰ পৰিৱৰ্ত্তন সাধন কৰা সম্ভৱ নহয়।
গণতান্ত্রিক
ব্যৱস্থাৰ প্ৰধান চৰ্তই হ’ল ভোটদান। অর্থাৎ আমি নিজেই আমাৰ প্রতিনিধি
নির্বাচন কৰো। আমি ভাল প্রতিনিধি নির্বাচন কৰিলে চৰকাৰ ভাল হ’ব,
নানা ধৰণৰ প্ৰলোভন, চাক্চিক্য,
মিঠা প্রতিশ্রুতিত ভোল গৈ
বেয়া প্রার্থী নির্বাচন কৰিলে চৰকাৰ বেয়া হ’ব।
কোনো এটা দলৰে নীতি-আদর্শ
বেয়া নহয়। দলীয় নেতাৰ ভোগ
তথা ক্ষমতাসর্বস্ব মানসিকতাইহে দলৰ ভাৱমূৰ্ত্তি বেয়া কৰে। গতিকে কোনটো দল কোনসকল
ব্যক্তিৰ দ্বাৰা পৰিচালিত,
তেওঁলোকৰ মানসিকতা কি, এই বিষয়ে অৱগত হৈহে ভোটদান কৰা উচিত হ’ব।
(নিয়মীয়া বাৰ্ত্তা- ৬-০৪-১৬)
নিৰ্বাচন, পৰিৱৰ্ত্তন আৰু অন্যান্য
সদ্য
অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনৰ ভোটদান প্রক্রিয়া সমাপ্ত হোৱাৰ পাছৰপৰা বিভিন্ন
ৰাজনৈতিক দল তথা ব্যক্তি বিশেষৰ মাজত কোন দলে কিমান আসন পাব তাকে লৈ জল্পনা-কল্পনা চলিছে। কোনোবাই কৈছে, গেৰুৱা দল বিজেপিয়ে চৰকাৰ গঠন কৰিব, কোনোবাই আকৌকৈছে,
পুনৰ কংগ্ৰেছৰে চৰকাৰ হ’ব। বহুতে আকৌ মতপোষণ কৰিছে যে, চৰকাৰ যি দলৰে নহওঁক কিয় কোনো দলেই একক সংখ্যাগৰিষ্ঠতা
নাপাব।
সি
যিয়েই নহওঁক কিয়, এইবাৰৰ নির্বাচন যে কিছু হ’লেও ব্যতিক্ৰম হৈছে ভোটদানৰ হাৰে তাকে প্রতিপন্ন কৰিছে।
সামগ্রিক ভোটদান হৈছে ৮৪.৭২
শতাংশ। ইয়াৰে পুৰুষৰ
ভোটদানৰ হাৰ ৮৪.৬৪ আৰু মহিলাৰ ৮৪.৮১ শতাংশ। পুৰুষতকৈ মহিলাৰ ভোটদানৰ হাৰ অধিক।
গণতন্ত্ৰৰ কাৰণে সঁচাকৈয়ে ই
শুভলক্ষণ। এইবাৰৰ নিৰ্বাচনত
১২৬ টা সমষ্টিৰ বাবে মুঠ ১০৬২ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।
ইয়াৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫৩৯ জনে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫২৩ জনে। প্রতিদ্বন্দ্বিতা
আগঢ়োৱা এইসকল প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ, স্নাতক,
উচ্চ মাধ্যমিক, মাধ্যমিক আৰু নিৰক্ষৰ পর্যন্ত আছে। কাৰণ ডিব্ৰুগড়ৰ টিংখণ্ড সমষ্টিৰ পৰা চিপিআই
দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা সীমা তাঁতীয়ে নিজৰ মনোনয়ন পত্ৰত নিৰক্ষৰ বুলি
উল্লেখ কৰিছে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সম অধিকাৰ, উন্নয়নৰ শ্লোগানলৈ ভোটাৰৰ কাষ চাপিছে আৰু অন্যান্য ৰাজ্যৰ
তুলনাত সামগ্রিকভাবে অসমত শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত হৈ গৈছে। নির্বাচন শান্তিপূর্ণভাবে সম্পন্ন হোৱা
বুলি এই কাৰণেই দাবী কৰিব পাৰি যে,
আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম
বংগত নির্বাচনী হিংসাত কে’বা গৰাকী
মানুহ হতাহত হোৱাৰ বিপৰীতে অসমত কিছুমান বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ লগতে মাথোন এজন
মানুহহে মুত্যুমুখত পৰিছে।
এইবাৰৰ
নিৰ্বাচনত সঘনাই পৰিৱৰ্ত্তনৰ কথা উচ্চাৰিত হোৱা দেখা গৈছে। কিন্তু এই পৰিৱৰ্ত্তনৰ
ঢৌৱে সৰ্বসাধাৰণ ভোটাৰক কিমানদূৰ প্ৰভাৱিত কৰিব পাৰিছে সেয়া উনৈছ মে'ত
ভোট গণনাৰ পাছতহে স্পষ্ট হ’ব। অৱশ্যে বিভিন্নজনে আগবঢ়োৱা নিৰ্বাচনোত্তৰ
সমীক্ষাৰপৰা পৰিৱৰ্ত্তনৰ কথা প্রায় স্পষ্ট হৈ পৰিছে। সেয়া হ'ল অসম বিধান সভাত কোনোদিনে নথকা বিৰোধী দল
এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব। কাৰণ অসম বিধান সভাত কোনোদিনে শক্তিশালী বিৰোধী দল নাছিল। বিগত নিৰ্বাচনৰ ফলাফললৈ
দৃষ্টিপাত কৰিলে এই কথা স্পষ্ট হৈ পৰে। ১৯৫২ চনৰ পৰা অসম বিধান সভাৰ নিৰ্বাচন
অনুষ্ঠিত হৈ আহিছে আৰু তথ্য অনুসৰি ১৯৫২ চনৰ নিৰ্বাচনত
কংগ্ৰেছ দলে লাভ কৰিছিল ৭৬ খন আসন আৰু নিকটতম বৃহৎ দল হিচাপে প্ৰজা ছছ’য়েলিষ্ট পাৰ্টীয়ে লাভ
কৰিছিল মাথোন ৪ খন আসন। ১৯৫৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৭১ খন আসন আৰু
নিকটতম দল প্ৰজা ছছ’য়েলিষ্ট পাৰ্টীয়ে লাভ কৰিছিল ৮ খন আসন। ১৯৬২ চনত কংগ্ৰেছে লাভ কৰিছিল ৭৯ খন আৰু নিকটতম
দল প্ৰজা ছছ’য়েলিষ্ট পাৰ্টীয়ে লাভ কৰিছিল ৬ খন আসন। ১৯৬৭
চনত কংগ্ৰেছে লাভ কৰিছিল ৭৩ খন আৰু নিৰ্দলীয়ই লাভ কৰিছিল
২৬ খন আসন। ১৯৭২ চনত কংগ্ৰেছে ৯৫ খন আসন লাভ কৰাৰ বিপৰীতে নিৰ্দ্দলীয়ই লাভ কৰিছিল ১০ খন আসন। ১৯৭৮ চনৰ নিৰ্বাচনত কংগ্ৰেছ পোনপ্ৰথমবাৰৰ বাবে
চৰকাৰ গঠনৰ পৰা বঞ্চিত হয়। এই নির্বাচনত কংগ্ৰেছে লাভ কৰিছিল ২৬ খন আসন আৰু জনতা ৷ লাভ কৰিছিল ৫৩খন আসন। ১৯৮৩ চনৰ নিৰ্বাচনত ৯১ খন আসন
লাভ কৰি কংগ্ৰেছ পুনৰ ক্ষমতা লৈ আহে। এইবাৰৰ নিৰ্বাচনতো কোনো বিৰোধী দল নাছিল। নিৰ্দ্দলীয়ই লাভ কৰিছিল ১০ খন আসন। ১৯৮৫
চনৰ নিৰ্বাচনত কংগ্ৰেছ পুনৰ ক্ষমতা লাভৰ পৰা বঞ্চিত হয়। এইবাৰৰ নিৰ্বাচনত ১৯৮৫ চনৰ ৫ অক্টোবৰত গোলাঘাটত আত্মপ্রকাশ কৰা অসম গণ পৰিষদে লাভ
কৰিছিল ৬৪ খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল ২৫ খন আসন। ১৯৯১ চনৰ নির্বাচনত কংগ্ৰেছে ৬৬ খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল
কৰে। এই নিৰ্বাচনত অগপই লাভ কৰিছিল ১৯ খন আসন। অর্থাৎ এইবাৰৰ নিৰ্বাচনত শাসকীয় দল অগপই বিৰোধী দলৰ মৰ্যদা পোৱা নাছিল। ১৯৯৬ চনৰ নিৰ্বাচনত
কংগ্ৰেছে ৩৪ খন আৰু অগপই ৫৯ খন আসন লাভ কৰিছিল। ২০০১ৰ নিৰ্বাচনত কংগ্ৰেছে ৭১ খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহে আৰু অগপই
লাভ কৰে ২০ খন আসন। ২০০৬ চনৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৫৩ খন আৰু অগপই লাভ কৰিছিল ২৪ খন আসন। ২০১১ ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ
কৰিছিল ৭৯ খন আসন আৰু এআইউডিএফে ১৮ খন আসন লাভ কৰি বৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। গতিকে এই তথ্যৰপৰা এটা কথা
স্পষ্ট যে অসমত কোনো এটা নির্বাচনতে বিৰোধী দল শক্তিশালী ৰূপত আত্মপ্রকাশ কৰা নাছিল। কিন্তু এইবাৰৰ নিৰ্বাচনত আন পৰিৱৰ্ত্তন হওঁক বা
নহওঁক বিৰোধী দল শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাটো প্রায় নিশ্চিত হৈ পৰিছে। এয়া
গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ বুলিব পাৰি।
আনহাতে
এইবাৰৰ নিৰ্বাচনত মেৰুকৰণৰ ৰাজনীতিয়ে অভিলেখ গঢ়িছে। কাৰণ এইবাৰৰ নিৰ্বাচনত মাথোন
ধর্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিয়ে ক্ষান্ত থকা
নাই ৰাজনৈতিক দলবোৰে- ভাষা,
বর্ণ, গোষ্ঠীৰ নামতো মেৰুকৰণ কৰিছে। নির্বাচনোত্তৰ কালত আসনৰ যি
সমীকৰণ চলিছে ইয়াৰপৰা এই কথা অধিক
স্পষ্ট হৈ পৰিছে। কাৰণ
প্ৰতিগৰাকী সমীক্ষকে ধৰ্ম,
জাতি-গোষ্ঠী, ভাষাৰ ভিত্তিত ভোট বিভাজন কৰি অংক কৰি আছে। এই অংক যদি শুদ্ধ হয় তেনেহ'লে এইবাৰৰ নিৰ্বাচনে অসমীয়া জাতিক থানবান কৰি পেলালে বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব।
দুই
বৃহৎ সম্প্রদায় হিন্দু-মুছলমানৰ দেশ ভাৰতবৰ্ষ। এই দুই সম্প্ৰদায়ৰ জনসংখ্যা
ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৯৫ শতাংশ। ভাৰতবৰ্ষৰ সামগ্রিক উন্নয়ন কৰিবলৈ হ'লে এই দুই সম্প্ৰদায়ৰ উন্নতি হ’ব লাগিব। কিন্তু ৰাজনৈতিক স্বাৰ্থতে ব্ৰিটিচৰ ‘বিভেদ আৰু শাসন’
নীতিৰ আশ্ৰয় লৈ এই দুই
সম্প্রদায়ক ভাগ ভাগ
কৰি ৰখা হৈছে৷ মাথোন সেয়াই
নহয়, সৰু বৰ জনগোষ্ঠীসমূহকো ধর্ম, জাতি,
ভাষা তথা আঞ্চলিকতাৰ নামত
কৌশলগতভাবে ভাগ ভাগ কৰি ৰখা হৈছে।
যাৰ ফলত ভাৰতৰ সামগ্রিক
উন্নয়ন ব্যাহত হৈছে বুলি বহুতে ধাৰণা কৰে। অসমৰ ক্ষেত্ৰতো এই কথা প্রযোজ্য। অসমৰ
মুঠ জনসংখ্যাৰ ৭২.৫ শতাংশ হিন্দু
আৰু ৩৪.৭ শতাংশ মুছলমান।
(মুছলমানৰ এই সংখ্যাত খিলঞ্জীয়া মুছলমানসকলো আছে।) ছবছৰীয়া ঐতিহাসিক অসম
আন্দোলনৰ আগলৈকে অসমত
হিন্দু-মুছলমানৰ সম্পৰ্ক
ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত অধিক উন্নত আছিল। কিন্তু ছবছৰীয়া অসম আন্দোলনৰ
পাছৰপৰা বাংলাদেশী প্ৰসংগলৈ এই দুই
বৃহৎ সম্প্ৰদায়ৰ মাজত
সামান্য পৰিমাণে হ'লেও সন্দেহ তথা অবিশ্বাসৰ মনোভাব গা কৰি উঠিছে
আৰু এচাম স্বাৰ্থন্বেষীয়ে সততে সাৰ পানী দি এই সন্দেহ তথা অবিশ্বাসৰ মনোভাৱ জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰি
আহিছে। এই দুই সম্প্ৰদায়ৰ মাজত চলি থকা মনোমালিন্যৰ সুযোগলৈ ক্ষুদ্র ক্ষুদ্র
জাতি-গোষ্ঠীসমূহ সজাগ হৈ উঠিছে আৰু অস্তিত্ব, স্বাতন্ত্ৰতা আৰু স্বাৰ্থৰক্ষাৰ নামত বিভিন্ন দল সংগঠন
সৃষ্টি কৰি বন্ধ, হতালৰ জৰিয়তে অসমখনক অস্থিৰ কৰি ৰাখিছে। কিছুমানে স্বায়ত্ব শাসন বিচাৰিছে, কিছুমানে জনজাতিকৰণ বিচাৰিছে, কিছুমানে সম্প্ৰদায়ৰ নামত পৃথক ৰাজনৈতিক দল গঠন কৰি
অস্তিত্ব ৰক্ষাৰ দোহাই দি
ব্যক্তিগত মুনাফা আদায়ৰ
কাৰণে তৎপৰ হৈ উঠিছে। এই ক্ষেত্ৰত বড়োসকল আকৌ এখোপ চৰা। স্বায়ত্বশাসন লাভৰ পাছত
তেওঁলোকে এতিয়া আকৌ পৃথক
বড়োল্যাণ্ডৰ বাবে দাবী
উত্থাপন কৰি আছে। অর্থাৎ সামগ্রিক উন্নয়নৰ পৰিৱৰ্ত্তে সর্বত্র ব্যক্তিগত উন্নয়নৰ
প্ৰৱণতা গা কৰি উঠিছে। ইয়াৰ ফলত এখন দেশৰ উন্নয়নৰ
পূৰ্বচৰ্ত শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ,
ৰাস্তা-ঘাট, বানপানীৰ সমস্যা তল পৰি গৈছে। অর্থাৎ ক্ষুদ্ৰ স্বাৰ্থই
বৃহৎ স্বাৰ্থক কেঁকোৰা চেপা দি ৰাখিছে। আৰু ইয়াৰ
সুযোগ গ্ৰহণ কৰিছে ৰাজনৈতিক দলসমূহে।
অসমত
অৰাজনৈতিক দল সংগঠনৰ অভাৱ নাই;
কিন্তু অতিকৈ দুখৰ বিষয় যে, কোনো এটা সংগঠনেই অসমৰ সৰ্বস্তৰৰ মানুহক প্রতিনিধিত্ব
কৰিবপৰা নাই। সেয়া ছাত্রসংন্থাই হওঁক, অসম যুৱ ছাত্ৰ পৰিষদেই হওঁক, আটছাই
হওঁক, আক্রাছুৱে হওঁক নাইবা আমছুৱে হওঁক। ইয়াৰে
ছাত্ৰসংন্থা আৰু অসম যুৱ ছাত্ৰ
পৰিষদে অসমৰ সামগ্রিক
স্বাৰ্থৰ হকে কিছু মাত মাতে যদিও বেলেগ সংগঠন সমূহে দুই এটা ব্যতিক্ৰমৰ বাহিৰে
সামগ্রিকভাবে নিজা নিজা সম্প্রদায় তথা গোষ্ঠীৰ
উন্নয়নৰ হকেহে মাত মাতে। (এই ব্যতিক্ৰমৰ অন্তৰালতো যেন আন্তৰ্কিতাতকৈ সংগঠনৰ
অস্তিত্ব ৰক্ষা আৰু নিৰপেক্ষতাৰ পৰিচয় দিয়াৰ
মনোভাবহে
প্রচ্ছন্ন হৈ থাকে।) তদুপৰি নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰিলে দেখা যায় যে, এইবোৰ সংগঠনৰ নেতৃস্থানীয় প্রতিনিধিসকলৰ বহুতৰে মনত সেৱাৰ মনোভাবৰ পৰিৱৰ্ত্তে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ মনোভাবহে
অধিক প্রচ্ছন্ন হৈ থাকে। অর্থাৎ সংগঠনসমূহক ৰাজনীতিৰ কঠীয়া তলি হিচাহে ব্যৱহাৰ কৰে। বিগত নির্বাচনৰ আগে আগে জাতীয় সংগঠন ত্যাগ কৰি
বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ পাছত টিকটৰ দাবীদাৰ হোৱা ঘটনাই এই কথাকে প্রতিপন্ন কৰিছে। টিকট নাপাই পাছমুহূর্ততে দুই এজনে আকৌ বেলেগ
ৰাজনৈতিক দলত যোগদান কৰি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ দৰে ঘটনাও ঘটিছে। এই
ঘটনাই এইসকল নেতাৰ প্রকৃত স্বৰূপ উদঙাই দেখুৱাইছে।
ফলত এনেকুৱা নেতৃত্বক বিশ্বাসত ল’বলৈ টান পায় অসমৰ ৰাইজে। যাৰ ফলত সৰ্বস্তৰৰ
মানুহক প্রতিনিধিত্ব কৰিবপৰা কোনো সংগঠন এতিয়ালৈকে
গঢ়লৈ উঠিব পৰা নাই অসমত। সৰ্বস্তৰৰ মানুহক প্রতিনিধিত্ব কৰিবপৰা সংগঠন নথকাৰ
কাৰণেই চৰকাৰে স্বেচ্ছাৰিতা তথা মানুহবিলাকক মেৰুকৰণ
কৰি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ সুবিধা পাইছে। উত্তৰ-পূৰ্বাঞ্চলত ৩৫০ টা
খিলঞ্জীয়া জনগোষ্ঠী আছে। সম্প্ৰতি সৰু-বৰ প্ৰতিটো
জনগোষ্ঠীয়ে নিজা নিজা সংগঠনৰ কাৰণে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। এই সংগঠনসমূহক
ৰাজনৈতিক দলবোৰে মেৰুকৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি
আছে।
নিজৰ
অস্তিত্ব ৰক্ষাৰ বাবে মাথোন দুই এটা ক্ষেত্ৰত মাত মাতি বন্ধ হৰতাল পালন কৰিলেই
সংগঠন এটাৰ দায়িত্ব শেষ নহয়। আমাৰ সমাজত প্ৰচলিত অন্ধবিশ্বাস,
অস্পৃশ্যতা, বাল্যবিবাহ,
ডাইনী হত্যা, মাদক দ্রব্য সেৱন আদি বন্ধ কৰি সমাজখনক নৈতিকভাবে
সুনিয়ন্ত্রিত কৰাৰ কাৰণে আমাৰ জাতীয় সংগঠনসমূহ
আগবাঢ়ি আহিব লাগিব। বিভিন্ন ক্ষেত্ৰত প্ৰচলিত দুনীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেও মাত মাতিব লাগিব সংঘৱদ্ধ বাবে।
শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰখনত
চলি থকা অৰাজকতা বন্ধৰ কাৰণে
উদ্যোগ ল’ব লাগিব। উদ্যোগৰ ক্ষেত্ৰত আমাৰ ৰাজ্যৰ অৱস্থা
তেনেই দুখলগা। ফলত আমাৰ ৰাজ্যৰ পৰা হাজাৰ হাজাৰ নিৱনুৱা ভিন ভিন ৰাজ্যলৈ গৈ যৎসামান্য দৰমহাত কৰ্মত
নিয়োজিত হৈ আছে। যাতে নিজৰ ৰাজ্যতে থাকি এইসকল নিৱনুৱাই কর্মসংস্থান লাভ কৰিব
পাৰে তাৰ বাবে উদ্যোগ প্রতিষ্ঠাৰ বাবে চৰকাৰক হেঁচা
প্ৰয়োগ কৰিব লাগিব। মাথোন বাংলাদেশী বিতাড়ন, নদীবান্ধৰ
বিৰোধিতাতে সীমাৱদ্ধ নাথাকি আমাৰ পৰ্যটন ক্ষেত্ৰৰ
বিকাশ, মৃতপ্রায় কুটীৰ শিল্পক পুনর্জীৱিত কৰাৰ বাবে
চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। তেহে অসমৰ সৰ্বস্তৰৰ ৰাইজে এইবোৰ সংগঠনক আন্তৰিকতাৰে আঁকোৱালি ল’ব
আৰু চৰকাৰেও এনুেক্ৰৱা সংগঠনক গুৰুত্বসহকাৰে ল’বলৈ
বাধ্য হ’ব।
উনৈছ
মে’ৰ পাছতে আমাৰ নতুন চৰকাৰ গঠন হ’ব। যি দলৰে চৰকাৰ নহওঁক কিয়, সেইখন চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্রণ, নিৱনুৱাৰ কর্মসংস্থান,বান- গৰাখহনীয়া প্ৰতিৰোধ,
নাৰী সৱলীকৰণ, বিভিন্ন ক্ষেত্ৰত সংঘটিত দুৰ্নীতি ভ্ৰষ্টাচাৰ বন্ধ কৰি
মুছলমানক মুছলমান, হিন্দুক হিন্দু, জনজাতিক
জনজাতি কৰি ৰখাৰ প্ৰৱণতা ত্যাগ কৰি ৰাজ্যৰ সামগ্রিক উন্নয়নৰ
বাবে উদ্যোগ ল’লে অসমৰ ৰাইজে নিশ্চয় সেইখন চৰকাৰক আদৰি ল'ব। অফিচ-আদালতসমূহত অবাধ উৎকোচৰ প্ৰচলনৰ ফলত আমাৰ কৰ্মসংস্কৃতি লোপ পাইছে – কামৰ গতি লেহেমীয়া হৈছে। কাৰণ উৎকোচৰ আশাত বহু সময়ত
বিষয়া-কৰ্মচাৰীয়ে
ইচ্ছাকৃতভাবে কামবোৰ পেলাই
ৰাখে। এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ’ব লাগিব। বিভিন্ন ক্ষেত্ৰত যোগান ধৰা পুঁজিৰ
সঠিক ব্যৱহাৰ হৈছে নে নাই এই বিষয়েও চৰকাৰে
চকু দিব লাগিব। কাৰণ চৰকাৰে যোগান ধৰা পুঁজিৰ কাম বহু ক্ষেত্ৰত মাথোন বিছ শতাংশহে
হোৱা দেখা যায়। বাকী আশী শতাংশ ধন বিষয়া-কৰ্মচাৰী তথা তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীৰ পকেটলৈ যায় বুলি অপবাদ
আছে। চৰকাৰ এই ক্ষেত্ৰত সজাগ হ’ব লাগিব। আমাৰ জনপ্রতিনিধি সকলৰ ওচৰত জনতাৰ প্রত্যাশা অনেক। সেয়ে আমাৰ নিৰ্বাচিত জনপ্রতিনিধিসকলে
ব্যৱসায়িক দৃষ্টিভংগী তথা ভোগবাদী মানসিকতা ত্যাগ কৰি সেৱাৰ মনোভাবেৰে জনতাৰ প্রত্যাশা পূৰণৰ বাবে তৎপৰ হ’ব লাগিব। অসমৰ ৰাইজে চৰকাৰৰ পৰা এনেকুৱা পৰিৱৰ্ত্তনে
প্রত্যাশা কৰে।
জনসাধাৰণ-২-০৫-১৬
ড্ৰাগ্ছ
সমাজ জীৱন তথা দেশৰ কাৰণে অভিশাপ।
সম্প্রতি
বৈদ্যুতিন মাধ্যম আছাম টক্ছৰ তৎপৰতা তথা ৰাইজৰ সহযোগত গুৱাহাটী সমন্বিতে অসমৰ
বিভিন্ন চহৰত ড্ৰাগ্ছৰ ঘাটি উৎখাত হোৱা ঘটনাই
সমগ্ৰ ৰাজ্যখনত জোকাৰণি সৃষ্টি কৰিছে। ড্ৰাগ্ছ নামৰ ভয়াৱহ বৰবিহবিদে আমাৰ
যুৱপ্ৰজন্মক কিদৰে প্ৰভাৱিত কৰি তিলে তিলে মৃত্যুৰ মুখলৈ ঠেলি দিছে ড্ৰাগছ উৎখাতৰ ঘটনাই তাকে উদঙাই দেখুৱাইছে।
ড্রাগচৰ বিনাশকাৰী দিশটোৰ প্ৰতি অজ্ঞতাবশতঃ আমাৰ যুৱপ্ৰজন্মৰ কিছুমানে হতাশাগ্রস্ত হৈ,
কিছুমানে সাময়িক স্ফূৰ্তিৰ
কাৰণে, কিছুমানে আকৌ মাথোন অনুসন্ধিৎসাৰ কাৰণে
কু-সংগত পৰি প্ৰথমে ড্ৰাগ্ছ নামৰ বৰবিহ সেৱন কৰিবলৈ আৰম্ভ
কৰে
আৰু শেষত ক’ব নোৱাৰাকৈয়ে ইয়াৰ হাঁতোৰাত বন্দী হৈ পৰে।
এবাৰ ড্ৰাগছৰ চক্ৰব্যুহত সোমাই পৰিলে তাৰ পৰা জীৱন্তে ওলাই অহা প্ৰায় অসম্ভৱ। বৈদ্যুতিন মাধ্যম তথা ছপা মাধ্যমত প্ৰকাশ পোৱা
তথ্য অনুসৰি সম্প্ৰতি স্কুল-কলেজৰ ল'ৰা-ছোৱালীকে ধৰি আমাৰ যুৱপ্ৰজন্মৰ এক বৃহৎ অংশ কম-বেছি পৰিমাণে ড্ৰাগছ আসক্ত। আমাৰ দুখন মেডিকেল কলেজৰ
নামো ড্ৰাগ্ছৰ লগত সাঙোৰ খাই পৰাত সচেতন মহলক স্বাভাৱিকতে হতচকিত কৰি তুলিছে আৰু নিজৰ সন্তানটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি
অভিভাবকসকল উদ্বিগ্ন হৈ উঠিছে। যুৱ প্ৰজন্মৰ এই স্খলনে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি অশনি সংকেত বহন কৰিছে সেয়া ভাবিলেও গাৰ নোম
শিয়ৰি উঠে। আশাৰ বতৰা এয়ে যে,
সম্প্রতি আসাম টক্ছৰ
উদ্যোগত ড্ৰাগ্ছৰ বিৰুদ্ধে
সম্প্রতি যি সামাজিক আন্দোলন
গঢ় লৈ উঠিছে, এই আন্দোলন অব্যাহত ৰাখিব পাৰিলে নিশ্চয় আমাৰ
যুৱপ্ৰজন্মক ধ্বংসৰ গৰাহৰপৰা ৰক্ষা কৰা সম্ভৱ হ’ব।
বিশ্ব
স্বাস্থ্য সংস্থাই ড্ৰাগ্ছৰ সংজ্ঞা এইদৰে দিছে-‘যিবিধ
বস্তু জীৱদেহত প্ৰয়োগ কৰিলে একাধিক পৰিৱৰ্ত্তন ঘটায় সেই বস্তুবিদকে ড্ৰাগ্ছ বুলিব
পাৰি৷’ ইয়াৰপৰা আমি ব্যৱহাৰ কৰা এণ্টিবায়টিক টেবলেট, শৰীৰৰ বিষ নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা মলমকে আদি কৰি
বিভিন্ন ঔষধক ড্ৰাগ্ছৰ শাৰীত
পেলাব পাৰি। এগৰাকী চিকিৎসক
অথবা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত ব্যক্তিৰ বাবে নাক’টিক
ড্ৰাগছ হ’ল শৰীৰটোক অৱশ কৰি অনা অর্থাৎ টোপনি অহা যিকোনো এবিধ ঔষধ। নাৰক’টিক
শব্দটো গ্ৰীক ভাষাৰ নাৰক’টিক’চ (Narkotikos)পৰা অহা। ইয়াৰ অৰ্থ হ’ল,
চেতনাহীন অৱস্থা। গ্রীক শব্দ
নাৰ্কেৰ (Narke) অৰ্থ হৈছে জড়তা,
অজ্ঞানতা, চেতনাহীনতা বা চলন শক্তিহীন অৱস্থা। মাদক দ্রব্যৰ সূচী
বহুত দীঘলীয়া যদিও মুখ্যতঃ মদ,
তাড়ি, ভাঙ,
আফিং, ধপাত,
গাঁজা আদিক অনাঔষধযুক্ত
ৰাগিয়াল অর্থাৎ মাদক দ্রব্যৰ শাৰীত পেলোৱা হয় আৰু এইসমূহ ৰাগিয়াল বস্তু পানীয়
আৰু ধোঁৱা আকাৰে ব্যৱহাৰ
কৰা হয়। সম্প্রতি আফিঙৰপৰা
তৈয়াৰী মৰফিন, ক’কেইন,
হেৰ ইন আদিক মাৰাত্মক ড্ৰাগ্ছৰ
শাৰীত পেলোৱা হয়। কফ চিৰাপ,
সংজ্ঞা হৰণৰ বাবেব্যৱহাৰ কৰা
ফেনচিক্লাইডিন, নাকৰ সোপা খুলিবলৈ ব্যৱহাৰ কৰা এফিটামাইন আৰু
শ্লিপিং টেবলেট হিচাপে ব্যৱহাৰ কৰা বাৰবিটুৰেচকো মাত্রা বঢ়াই বহুতে ড্রাগ্ছ হিচাপে ব্যৱহাৰ কৰে। এইসমূহ ড্ৰাগ্ছ
সম্প্রতি ইনজেক্শ্বন অথবা টেবলেট আকাৰেও পোৱা যায়। সম্প্রতি যাক ড্ৰাগ্ছ বুলি
কোৱা হয়, সচৰাচৰ ব্যৱহাৰ কৰা মাদক দ্রব্যতকৈ সেয়া
অধিক বিনাশকাৰী। ড্ৰাগ্ছে শাৰীৰিক,
আর্থিক, আত্মিক তথা মানসিকভাবে মানুহক পংগু কৰি পেলায়। ড্ৰাগ্ছৰ
এই প্ৰভাৱ সংশ্লিষ্ট পৰিয়াল আৰু সমাজৰ ওপৰতো পৰে। ড্ৰাগ্ছৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ
সমান্তৰালভাবে চুৰি, ডকাইতি,
ধৰ্ষণৰ দৰে অসামাজিক ঘটনাবোৰ
বৃদ্ধি পাইছে বুলি ভবাৰ থল আছে।
ড্ৰাগছৰ
বিনাশকাৰী দিশটোৰ প্ৰতি লক্ষ্য কৰি ১৯২৩ চনত আমেৰিকাই সৰ্বপ্ৰথম ড্ৰাগছ বিৰোধী আইন
পাছ কৰিছিল; কিন্তু নানা কাৰণত সেই আইন কাৰ্যকৰী কৰা সম্ভৱ
হোৱা নাছিল। আমেৰিকাৰ পাছত চীনে আফিঙ ব্যৱহাৰৰ বিৰুদ্ধে প্রতিবন্ধকতা আৰোপ কৰিছিল; কিন্তু তিনি বছৰ পাছত সেই আইনখনো শিথিল হৈ পৰিছিল। ১৯৬১
চনত ড্ৰাগ্ছৰ অপব্যৱহাৰৰ বিৰুদ্ধে আমেৰিকা পুনৰ সজাগ হৈ উঠে আৰু নাৰক 'টিকচ ড্ৰাগছৰ বিৰুদ্ধে বিশ্বব্যাপী সজাগতা বৃদ্ধিৰ কাৰণে
এককভাবে প্রতিনিধি সভা আহ্বান কৰে;
কিন্তু ভাৰতে তাত সঁহাৰি
জনোৱা নাছিল। কাৰণ ৰাগিয়াল দ্ৰব্যৰ প্ৰতি ভাৰত পূৰ্বৰে পৰা সজাগ আছিল আৰু
স্বাধীনতা প্রাপ্তিৰ পাছতে বংগ আৰু পঞ্জাৱৰ বাহিৰে প্ৰায়বোৰ ৰাজ্যতে আংশিকভাবে
মদ্যপান নিষেধ কৰিছিল। সময়ত বেলেগ ৰাজ্যৰ সফলতালৈ লক্ষ্য কৰি মধ্যপ্ৰদেশ আৰু
মুম্বাই প্রেচিডেন্সিত ৰাগিয়াল বস্তু ব্যৱহাৰ সম্পূর্ণভাবে নিষেধ কৰা হৈছিল। ১৯৭৫
চনত ‘কেন্দ্ৰীয় ৰাগিয়াল দ্রব্য নিবাৰণী সমিতি’ বিশেষভাবে সক্ৰিয় হৈ উঠে আৰু সমগ্ৰ দেশত একে নিয়ম চালু
কৰাৰ কাৰণে গান্ধী জয়ন্তীৰ অৱসৰত বাৰ দফীয়া এক কাৰ্যসূচী ঘোষণা কৰে। বাৰ দফীয়া
কাৰ্যসূচীত নিম্নলেখিত নিয়মবোৰ পালনৰ ব্যৱস্থা কৰা হৈছিল-
(১) মদ্যপানক প্রশ্রয় দিয়া বিজ্ঞাপন কোনো
কাৰণতে প্ৰকাশ কৰা নহ'ব।
(২) হোটেল, ছাত্ৰাৱাস, ৰেস্তোৰাঁৰ দৰে সাৰ্বজনীন স্থানত অথবা ব্যক্তিগত কোনো
সার্বজনীন অনুষ্ঠানৰ অৱসৰত কোনো কাৰণতে মদ্যপান কৰা নহ'ব।
(৩) উদ্যোগিক ক্ষেত্র অথবা অন্যান্য বিকাশ
যোজনাৰ লগত সম্পর্কিত ক্ষেত্ৰৰ ওচৰত মদৰ দোকান খুলিব নোৱাৰিব।
(৪) ৰাজপথ, নগৰ
আৰু গাঁও, বিদ্যালয়, ধার্মিক
স্থান, শ্রমিকসকলৰ বাসস্থানৰ ওচৰে-পাঁজৰে মদৰ দোকান
খোলাত প্রতিবন্ধকতা লগোৱা হ’ব।
(৫) দৰমহা পোৱাৰ দিনা শুকান দিন হিচাপে ঘোষণা
কৰা হ’ব আৰু সিদিনা মদ বিক্ৰী বন্ধ ৰাখিব লাগিব।
(৬) মটৰ চলোৱাৰ সময়ত চালকে মদ্যপান কৰিব
নোৱাৰিব। এই নিয়ম লংঘন কৰা চালকৰ অনুজ্ঞা পত্র বাতিল কৰা হ’ব।
(৭) কোনো চৰকাৰী অথবা সার্বজনীন প্রতিষ্ঠানৰ
কৰ্মচাৰীয়ে কার্যালয় খোলা থকা অৱস্থাত মদ্যপান কৰিব নোৱাৰিব। এই নিয়ম উলংঘা কৰা
কৰ্মচাৰী কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব।
(৮) ৰাষ্ট্ৰৰ যিকোনো ঠাইত মাথোন কৰ প্ৰাপ্তিৰ
কাৰণে নতুন মদৰ দোকান খুলিব পৰা নাযাব।
(৯) নিৰ্দ্দিষ্ট প্ৰতিষ্ঠানৰ বাহিৰে বেলেগ মদৰ
কাৰখানাক নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব।
(১০) মাদক দ্রব্য সম্বন্ধীয় আইন কঠোৰভাবে পালন
কৰা হ’ব। প্রয়োজন হ'লে
ইয়াৰ বাবে আৰক্ষী বাহিনী বৃদ্ধি কৰা হ'ব।
(১১) নিচাসক্ত ব্যক্তিৰ বিৰুদ্ধে চৰকাৰী আৰু
বেচৰকাৰী স্তৰত ব্যাপক প্ৰচাৰ চলোৱা হ’ব।
(১২) নিচাসক্ত ব্যক্তিৰপৰা আঁতৰি থকা উচিত বুলি
জননেতাসকলে জনতাক অৱগত কৰিব লাগিব।
সংশ্লিষ্ট
বিভাগবোৰৰ নিষ্ক্ৰিয়তা আৰু আৰক্ষী বাহিনীৰ দুৰ্নীতিৰ ফলত এইবাৰ দফীয়া আইন
প্রণয়নৰ পাছতো মাদক দ্রব্য নিবাৰণৰ ক্ষেত্ৰত আমাৰ দেশে আশা কৰা ধৰণে সফলতা অর্জন
কৰিব পৰা নাছিল।
ইফালে
নাৰক’টিকচ ড্ৰাগ্ছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ কাৰণে
আমেৰিকাই ভাৰতৰ ওপৰত ধাৰাবাহিকভাবে হেঁচা অব্যাহত ৰাখিছিল আৰু ১৯৮০ চনত এই হেঁচা
অধিক বৃদ্ধি কৰিছিল। ফলত সকলো প্ৰকাৰ নাৰক 'টিকচ ড্ৰাগ্ছক অবৈধ ঘোষণা কৰি সমস্যাটোৰ
বিৰুদ্ধে মোকাবিলা কৰাৰ কাৰণে ৰাজীৱ গান্ধী চৰকাৰে ১৯৮৫ চনত এখন আইন প্রণয়ন কৰে।
আইনখনৰ নাম আছিল ‘নাকটিক ড্ৰাগছ এণ্ড ছাইকট্রপিক ছাবষ্টেন্সেচ
এক্ট ১৯৮৫’ চমুকৈ এন,ডি,পি,এচ। ১৯৮৫ চনৰ ২৩ আগষ্টত আইনখন লোকসভা আৰু
ৰাজ্যসভা উভয় সদনত পাছ হোৱাৰ পাছত ১৬ চেপ্তেম্বৰত তদানীন্তন ৰাষ্ট্ৰপতি গিয়ানী
জেইল সিঙে তাত অনুমোদন জনায় আৰু শিশু দিৱসৰ অৱসৰত ১৪ নৱেম্বৰৰ পৰা আইনখন কাৰ্যকৰী
কৰা হয়। এই আইনৰ জৰিয়তে নাৰক’টিক ড্ৰাগছৰ উৎপাদন, প্রস্তুত,
বিক্ৰী, কিনা,
সৰৱৰাহ, মজুতকৰণ নিষিদ্ধ কৰা হৈছে। আইনখন সফলতাৰে কাৰ্যকৰী কৰাৰ
কাৰণে ১৯৮৬ চনৰ মাৰ্চত মুম্বাই, কলিকতা,
চেন্নাই, দিল্লী,
যৈাধপুৰ, বাৰাণসী আৰু ইম্ফলত নাৰক 'টিকচ
কট্রোল ব্যুৰা’ গঠন কৰি দিয়া হৈছে। আইনখন প্ৰথম প্ৰণয়ন
হোৱাৰ পাছত ১৯৮৮ আৰু ২০০১ চনত দুবাৰকৈ সংশোধন কৰা হৈছে। বর্তমান আইনখন ভাৰত তথা
ভাৰতৰ বাহিৰত থকা সকলো ভাৰতীয়ৰ কাৰণে প্রযোজ্য কৰা হৈছে আৰু ভাৰতত পঞ্জীকৃত সকলো
জাহাজ আৰু উৰাজাহাজত ইয়াৰ ব্যৱহাৰ তথা সৰৱৰাহ নিষিদ্ধ কৰা হৈছে। ড্ৰাগছৰ
অপব্যৱহাৰ ৰৈাধৰ বাবে এই আইনখনত ভালেমান উপায় সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰে এটা
উপায় হিচাপে এক নিৰ্দিষ্ট পৰিমাণতকৈ অধিক নিচাকাৰক দ্ৰব্য কঢ়িওৱাটোক জামিনবিহীন অপৰাধ
হিচাপে গণ্য কৰা হৈছে। ওজনসমূহ তলত দিয়া ধৰণে নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে-
ড্ৰাগছ কম ওজন
ব্যৱসায়িক ওজন
এম্ফেটামিন ২ গ্রাম
৫০ গ্রাম
চৰচ ১০০ গ্ৰাম ১ কিলোগ্রাম
ক’কেইন ২
গ্ৰা ১০০ গ্রাম
গাঁঞ্জা ১ কিলোগ্রাম ২০ কিলোগ্ৰাম
হিৰ’ইন ৫
গ্ৰাম ২৫০ গ্ৰাম
এল,এচ,ডি
২ মিলিগ্ৰাম ১০০ মিলিগ্ৰাম
মেথাড’ন ২
গ্ৰাম ৫০ গ্ৰাম
মৰফিন ৫ গ্ৰাম ২৫০ গ্ৰাম
অপিয়াম ২৫ গ্ৰাম ২.৫ গ্ৰাম
আইনখনত
লঘুৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। এজন মানুহ যদি নাৰক’টিক্চ ড্ৰাগছৰ সৈতে প্ৰথমবাৰৰ কাৰণে ধৰা পৰেতেনেহ'লে তেওঁৰ কমেও দহ বছৰ কাৰাদণ্ড আৰু ডেলাখ টকা জৰিমনা বিহাৰ
ব্যৱস্থা আছে। একেই অপৰাধ যদি পুনৰ কৰে তেনেহ'লে
বিছ বছৰৰ কাৰাদণ্ড আৰু তিনি লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে। বাৰে বাৰে কৰা একে
অপৰাধৰ কাৰণে মৃত্যুদণ্ডৰো ব্যৱস্থা আছে। ২০১৪ চনত আইনখন পুনৰ সংশোধন কৰা হৈছে।
বিষ নিৰাময় আৰু উপশমৰ কাৰণে ব্যৱহৃত মৰফিন,
ফেন্টানাইল আৰু মেথাড’নৰ সৰবৰাহৰক্ষেত্ৰত আইনখন কিছু শিথিল কৰা হৈছে।
মৃত্যুদণ্ডৰ পৰিৱৰ্ত্তে ৩০ বছৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে আৰু কম পৰিমাণৰ ড্ৰাগ্ছৰ
ক্ষেত্ৰত কাৰাদণ্ডৰ ম্যাদ ছমাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰা হৈছে।
আইনখনৰ
জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষই ভাল যুঁজেই অব্যাহত ৰাখিছে। আইনখন প্ৰণয়ন হোৱাৰ
পাছতে পশ্চিম সীমান্তত বৃহৎ পৰিমাণৰ হেৰ ইন আৰু হাছিচ জব্দ কৰা হৈছিল। সমগ্ৰ ভাৰতত
হেৰ'ইন জব্দৰ পৰিমাণ আছিল ৭৬১ কিলোগ্রাম। ১৯৮৬ চনত
২৬২১ আৰু ১৯৮৮ ত ৩০২৯ কিলোগ্রাম হিৰ'ইন জব্দ কৰা হৈছিল। ১৯৯২ চনত মুম্বাই
আৰক্ষীয়ে ৩৫০ কিলোগ্রাম হেৰইন জব্দ কৰি বিশ্বত অভিলেখ গঢ়িছিল। ২০০৯ চনত পশ্চিম
বংগ আৰক্ষীয়ে ৩.৮ কিলোগ্রাম হেৰ ইন আৰু ২৭ কিলোগ্রাম এচেটিক এনহাইড্রাইড (Acetic Anhydride) জব্দ কৰিছিল। যাৰ মূল্য আছিল তিনি কোটী টকা । আমাৰ
গুৱাহাটীতো মাজে সময়ে ফেচিক্লাইডিন আৰু বিভিন্ন ধৰণৰ ড্ৰাগ্ছ জব্দ হোৱা ঘটনা ছপা
আৰু বৈদ্যুতিন মাধ্যমযোগে পোহৰলৈ অহা দেখা যায়। মাথোন আমাৰ দেশতে নহয়, সম্প্রতি আফ্রিকা,
দক্ষিণ-পশ্চিম এচিয়া, দক্ষিণ এচিয়াৰ কিছু অংশ, মধ্যপ্রাচ্য, ইউৰোপ,
আমেৰিকা, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ সমগ্ৰ দেশত ড্ৰাগ্ছৰ ব্যৱহাৰ
বৃদ্ধি পাইছে। ফলত ড্ৰাগ্ছৰ বিৰুদ্ধে মানুহক সজাগ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সপ্তদশ
অধিবেশনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯১ চনৰপৰা ২০০০ চনলৈ এই দহকটোক ‘ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ বিৰোধী’ দহক
হিচাপে ঘোষণা কৰিছিল। কিন্তু জন সচেনতাৰ অভাৱত ইয়াৰ প্রচলন অবাধ গতিত বৃদ্ধি হৈ
আছে।
মাথোন
আইনেই নহয়, কোনো ধর্মমতেও ড্ৰাগছ সেৱন সমৰ্থন নকৰে।
হিন্দু ধৰ্মত নিচাখোৰৰ তুলনা পঞ্চ পাতকীৰ লগত কৰা হয় আৰু মদ্যপায়ী ব্ৰাহ্মণক
চণ্ডালৰ লগত তুলনা কৰা হয়। ইছলাম ধৰ্মত মদ্যপান কঠোৰভাবে নিষিদ্ধ। মদ শৰীৰৰ কোনো
অংগত লাগিলে সেই অংগ কাটি পেলোৱাৰ বিধান আছে। শিখধর্মই মাথোন মদ্যপানে নিষিদ্ধ কৰা
নাই, ধূম্ৰপানো নিষিদ্ধ কৰিছে। বৌদ্ধ ধর্মই মদক
বিষৰ লগত তুলনা কৰিছে। খ্ৰীষ্টান ধৰ্মত মদক পাপ
আখ্যা দিয়া হৈছে। ড্রাগ্ছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ইতিমধ্যে বিহাৰত মাদক
দ্রব্য সেৱন নিষিদ্ধ কৰা হৈছে। ধর্মীয়ভাবে নিষেধ তথা ড্ৰাগছ বিৰোধী কঠোৰ আইন
থকাৰ পাছতো সমগ্র বিশ্বব্যাপী ড্ৰাগছৰ ব্যৱহাৰ উত্তোত্তৰ বৃদ্ধি পাই আছে৷ এক তথ্য
অনুসৰি সমগ্ৰ বিশ্বৰৰ ১৫ ৰ পৰা ৬৪ বছৰৰ ০.৭ শতাংশ মানুহে অপিঅ'ইডচ (কানি,
আফিং) আৰু ০.৪ শতাংশ মানুহে
অপিএটছ (টোপনি অনা ঔষধ) ব্যৱহাৰ কৰে। সংখ্যাৰ হিচাপত যথাক্রমে ৩২.৪ আৰু ১৬.৫
মিলিয়ন। ভৌগোলিক অৱস্থানৰ কাৰণে আমাৰ ভাৰতবৰ্ষত ড্ৰাগছৰ ব্যৱহাৰ বৃদ্ধি পোৱা বুলি
ক'ব
পাৰি।
কাৰণ ড্ৰাগছৰ অবৈধ ব্যৱহাৰৰ প্ৰধান দুটা ঘাটিৰ মাজত আমাৰ অৱস্থান। আমাৰ দেশৰ এফালে
আছে সোণালী ত্ৰিভূজৰ দেশ ম্যানমাৰ,
লাওচ আৰু আনফালে আছে
অর্ধচন্দ্ৰ হিচাপে পৰিচিত পাকিস্তান,
আফগানিস্তান আৰু ইৰাক।
বিশ্বৰ ভিতৰত সৰ্বাধিক অপিয়াম (কানি) উৎপাদন হয় আফগানিস্তান আৰু ম্যানমাৰত।
এনচাইক্লোপেডিয়াৰ তথ্য অনুসৰি আমাৰ পশ্চিম দিশত অৱস্থিত আফগানিস্থানত ২০১৩ বৰ্ষত
২০৯,০০০ হেক্টৰ আৰু ২০১৪ বৰ্ষত ২২৪,০০০ হেক্টৰ কৃষিভূমিত অপিয়ামৰ খেতি কৰাৰ সমান্তৰালভাবে
পূৰ্বদিশত অৱস্থিত ম্যানমাৰত ২০১৪ বৰ্ষত ৬৪,০০০ হেক্টৰ কৃষিভূমিত অপিয়ামৰ খেতি কৰা
হৈছিল। এই উৎপাদিত অপিয়াম বিভিন্ন উপায়েৰে ভিন ভিন দেশলৈ সৰৱৰাহ কৰা হয়। ইয়াৰ
লগত জড়িত হৈ আছে বৃহৎ আন্তর্জাতিক চক্র।
ড্ৰাগ্ছৰ
অবাধ প্ৰচলনৰ লগত বেকাৰ সমস্যা,
দৰিদ্ৰতা, আৰক্ষী বাহিনীৰ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰত সংঘটিত ব্যাপক
দুর্নীতি, উচ্চ-নীচ ভেদভাব আদি সাঙোৰ খাই আছে। ড্রাগ্ছৰ
ভয়াৱহ পৰিণতিৰ বিষয়ে অজ্ঞতাও ইয়াৰ অন্যতম কাৰণ। সেয়ে ড্ৰাগ্ছৰ ভয়াৱহতা তথা
দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ সমাজখনক সজাগ কৰিব পাৰিলে সমাজ তথা দেশৰ কাৰণে অভিশাপ
স্বৰূপ ড্ৰাগ্ছৰ ব্যৱহাৰ কিছু পৰিমাণে হ'লেও হ্রাস পাব বুলি আশা কৰিব পাৰি। আসাম টক্ছৰ
তৎপৰতাত সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধে যি গণ আন্দোলন আৰম্ভ হৈছে ইয়াক অব্যাহত ৰাখিব
পাৰিলে আমাৰ ভৱিষ্যত প্ৰজন্মক নিশ্চয় ড্ৰাগ্ছৰ কবলৰ পৰা ৰক্ষা কৰা সম্ভৱ হ'ব।
জনসাধাৰণত-
১৭-০৫-১৬
ছাত্রবৃত্তি
বন্ধৰ সিদ্ধান্তই হতাশ কৰিব মুছলমান শিক্ষার্থীক।
কেন্দ্ৰীয়
চৰকাৰে মুছলমান সম্প্ৰদায়ৰ ছাত্ৰবৃত্তিৰ ধন বন্ধ কৰি দিয়াৰ ফলত স্বাভাৱিকভাবেই
মুছলিম দল-সংগঠনবোৰৰ মাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে। মুছলমানসকলৰ সামাজিক, আর্থিক আৰু শৈক্ষিক অৱস্থাৰ ওপৰত প্রতিবেদন প্রস্তুত
কৰিবলৈ তেতিয়াৰ ইউপিএ চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ
ৰাজিন্দৰ সিং চাছাৰৰ অধ্যক্ষতাত ২০০৫ চনৰ ১৯ মাৰ্চত এখন সাতজনীয়া সমিতি গঠন কৰি
দিছিল। উক্ত সমিতিয়ে মুছলমানসকলৰ আৰ্থ-সামাজিক স্থিতিৰ ওপৰত সমীক্ষা চলাই ৪০৩
পৃষ্ঠাৰ এটি প্রতিবেদন প্রস্তুত কৰি ২০০৬ চনৰ ১৭ নৱেম্বৰত তদানীন্তন প্রধান
মন্ত্ৰী মনমোহন সিঙৰ ওচৰত দাখিল কৰিছিল আৰু ৩০ নৱেম্বৰত নিম্নসদনে উক্ত প্রতিবেদনত
অনুমোদন জনাইছিল। মুছলমানসকল সামাজিক,
শৈক্ষিক আৰু আৰ্থিক দিশত
ভাৰতৰ অনুসূচিত আৰু জনজাতিৰ তুলনাত অধিক পিছপৰা বুলি উক্ত প্রতিবেদনত উল্লেখ
কৰিছিল। এই কথাৰ সত্যতাও নথকাও নহয়,
কাৰণ ভাৰতবৰ্ষৰ প্ৰায় ৮৫
শতাংশ মুছলমান ধর্মান্তৰিত। সেই ফালৰ পৰা চালে দেখা যায় যে, এই সকল ধর্মান্তৰিত মুছলমান ধর্মান্তৰিত হোৱাৰ আগতে
বৰ্তমানৰ অনুসূচিত জাতিৰ অন্তৰ্ভূক্ত আছিল। কাৰণ আর্থিকভাবে অনগ্ৰসৰ নিম্নবৰ্ণৰ
লোকসকলহে ধর্মান্তৰিত হৈছিল। এই বিষয়ে ৰমেশ চন্দ্ৰ দত্তই লেখিছে— ‘যদি কেতিয়াবা মানৱ সভ্যতাৰ প্রকৃত ইতিহাস লেখা হয়, তেনেহলে দেখা যাবযে,
নিম্নবৰ্ণৰ লোকসকলেই বেছিকৈ
ঈশ্বৰপ্ৰেৰিত পুৰুষৰধৰ্ম গ্ৰহণ কৰিছে। পূৰ্ববংগৰ ফৰিদপুৰ, বাখৰগঞ্জ,
ঢাকা জিলাৰ জলাহ ভূমি একালত
বেছিভাগ নিম্নবৰ্ণৰ হিন্দুৰ বসবাস আছিল। এতিয়া এইবোৰ অঞ্চলত মুছলমানসকলৰে
প্রাধান্য। এইসকল মুছলমান কিন্তু ধৰ্মৰ বাহিৰে এই অঞ্চলৰ হিন্দুৰ দৰেই। এনেকি কেতিয়াবা
কেতিয়াবা সিহঁত ধর্মীয় আচৰণ পালনৰ ক্ষেত্ৰতো একে। ইয়াত অকণো সন্দেহ নাই যে, সিহঁত বিজয়ী মুছলমানৰ বংশধৰ নহয়, বৰং নিম্নবর্ণ হিন্দুসকলৰ উত্তৰপুৰুষ।'
এই
ধর্মান্তৰিত মুছলমানসকলে কি কাৰণত নিজৰ ধৰ্ম ত্যাগ কৰিছিল এই বিষয়েও ৰমেশ চন্দ্ৰ
দত্তই আলোকপাত কৰিছে। তেওঁ লেখিছে- ‘যিবোৰ সুবিধা পোৱাৰ আশাত তেওঁলোকে এই কাম
(ধর্মান্তৰিত) কৰিছিল, সেইবোৰ বিচাৰি উলিওৱা সিমান টান কাম নহয়।
হিন্দুধর্ম তাৰ ঘৃণণীয় জাত-পাতৰ বিচাৰজনিত অত্যাচাৰ সেইসকল হতভাগ্যসকলৰ কাৰণে জমা
কৰি ৰাখিছে, যিসকল একমাত্ৰ জন্মৰ কাৰণে নীচকূলৰ লগত যুক্ত
হৈ পৰিছে। মুছলমান বিজেতাসকল আহিল,
দেশ জয় কৰিলে, লগে লগে ঘোষণা কৰিলে- সকলো মানুহ সমান। ঘৃণিত অৱহেলিত
লোকসকলৰ সন্মুখত এই নতুন ধর্ম গ্রহণ কৰাই আছিল তেতিয়া একমাত্ৰ মুক্তিৰ পথ।' কিন্তু অতি পৰিতাপৰ কথা যে, তেওঁলোকৰ
সেই আশা পূৰণ হোৱা নাছিল। অর্থাৎ ধর্মান্তৰিত হোৱাৰ পাছতো তেওঁলোক অভিজাত মুছলমানৰ
সমপৰ্যায়ত স্থান পোৱা নাছিল। ইছলামিক পণ্ডিতসকলে যদিও ঘোষণা কৰে যে, ইচলাম ধৰ্মত কোনো জাতিভেদ নাই। সকলো মুছলমান ভাই ভাই।
ইছলাম জন্মৰ দাবী স্বীকাৰ নকৰে,
কৰ্মৰ দাবীহে স্বীকাৰ কৰে।
ইচলাম ধৰ্মত মাথোন দুটাই জাতি – নৰ আৰু নাৰী। কিন্তু বুৰঞ্জীবিদসকলে ইছলামিক সমাজত
ওঠৰটা শ্রেণী চিহ্নিত কৰিছে। ঊনৈছ শতিকাৰ প্ৰথম ভাগত পূৰ্ববংগৰ মুছলমান সমাজো
ওঠৰটা
ভাগত
বিভক্ত আছিল। কিন্তু বহুলভাবে বাংলাভাষী মুছলমান সমাজ তিনিটা ভাগত বিভক্ত আছিল।
(১) আশ্বৰাফ বা শ্বৰীফ। এইসকল মুছলমান উচ্চবংশজাত৷ এওঁলোক আছিল বিদেশৰপৰা প্ৰব্ৰজন
কৰি অহা মুছমান। ছৈয়দ, শ্বেইখ,
মল্লিক, মিৰ্জাসকল এই শ্ৰেণীৰ মুছলমান (২) উচ্চবৰ্ণ হিন্দুৰ পৰা
ধৰ্মান্তৰিত মুছলমান। (এওঁলোক উচ্চপদ লাভৰ আশাত ধর্মান্তৰিত হৈছিল আৰু অভিজাত
মুছলমানৰ সমপৰ্যায়ৰ আছিল।) (৩) আফলাফ বা আট্টাপ। এওঁলোক আছিল নিম্নবর্ণ
হিন্দুৰপৰা ধর্মান্তৰিত মুছলমান। (সম্প্রতি অসমত বসবাস কৰি থকা মুছলমানসকলৰ
প্ৰায়ভাগে এই শ্ৰেণীৰ)। আট্টাপসকল আকৌ চাৰিটা ভাগত বিভক্ত আছিল। তাৰে এটা ভাগ
আছিল আৰ্জল। এওঁলোক পতিত হিন্দুৰপৰা ধর্মান্তৰিত মুছলমান। এইসকল মুছলমানৰ লগত
অভিজাত মুছলমানৰ সম্বন্ধ খুব মসৃণ নাছিল। অভিজাত শ্ৰেণীৰ মুছলমানে নিম্নশ্রেণীৰ
মুছলমানক অৱজ্ঞাৰ দৃষ্টিৰে দেখিছিল। এই অভিজাত মুছলমানৰ সংখ্যা খুবেই নগণ্য আছিল; কিন্তু সমাজত প্রতিপত্তি আছিল তেওঁলোকৰে বেছি। ১৮৯১ চনৰ
লোকপিয়ল অনুসৰি পূৰ্ববংগৰ মুঠ জনসংখ্যা আছিল ১,৯৫,৮২,৩৪৯ জন। ইয়াৰে অভিজাত মুছলমানৰ সংখ্যা আছিল
মাথোন ২,৬৪,১৪৬ জন। অর্থাৎ শতকৰা ১৩ জন। কিন্তু
দুর্ভাগ্যৰ কথা এয়ে যে, এই দুই শ্ৰেণী মুছলমানৰ মাজত যোগসূত্র স্থাপনৰ
বাবে কোনো মধ্যম শ্রেণী নাছিল। ফলত ধর্মান্তৰিত মুছলমানসকল শিক্ষা-দীক্ষা আৰু চাকৰি-বাকৰিৰ
ক্ষেত্ৰত অভিজাত মুছলমানতকৈ বহু পিছপৰা আছিল।
আনহাতে
আৰব, ইৰাণ আৰু ইৰাকৰপৰা প্ৰব্ৰজিত অভিজাত
মুছলমানসকল প্ৰাক্ব্ৰিটিচ আৰু ব্ৰিটিচ যুগত শিক্ষা-দীক্ষা আৰু চাকৰি-বাকৰিৰ ক্ষেত্ৰত
হিন্দুতকৈও আগবঢ়া আছিল। তেওঁলোকৰ ভাষা আছিল আৰবী, উর্দূ
আৰু পাৰ্চী। আনহাতে তেতিয়া শিক্ষাৰ মাধ্যমো আছিল পাৰ্চী। শিক্ষাৰ মাধ্যম পাৰ্চী
হোৱাৰ কাৰণে তেওঁলোক বিশেষভাবে লাভবান হৈছিল। বিশেষকৈ উত্তৰ-পশ্চিম সীমান্ত আৰু
অযোধ্যাৰ মুছলমানসকল কলেজীয়া শিক্ষাত হিন্দুতকৈও আগবঢ়া আছিল। উর্দু আৰু পাৰ্চী
আদালতৰ ভাষা হোৱাৰ কাৰণে তেওঁলোক চাকৰি বাকৰিৰ ক্ষেত্ৰতো বিশেষভাবে লাভবান হৈছিল।
উত্তৰ প্ৰদেশত শিক্ষাৰ মাধ্যম উর্দু হোৱাৰ কাৰণে উত্তৰ প্ৰদেশতো তেওঁলোক
শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবঢ়া আছিল। তেওঁলোক মুঠ জনসংখ্যাৰ ১৪.১ শতাংশ আছিল যদিও
তেওঁলোকৰ ছাত্ৰৰ সংখ্যা আছিল ১৮৯১ চনত ১৮.০৬,
১৯০১ চনত ১৯.৭ আৰু ১৯১৬-১৭
চনত ২০.৮ শতাংশ।
পক্ষান্তৰে
ঊনৈছ শতিকাৰ শেষৰ ফালে ধর্মান্তৰিত মুছলমানৰ জনসংখ্যা অধিক আছিল আৰু জনসংখ্যাৰ
সমান্তৰালভাবে তেওঁলোকৰপশ্চাদপদতাও অধিক আছিল। ১৮৭১ চনৰ লোকপিয়ল অনুসৰি পূৰ্ববংগৰ
মুঠ জনসংখ্যাৰ ৪৮.৮ শতাংশ আৰু ১৮৯১ চনত ৪৮.৫ শতাংশ মুছলমান আছিল। এই জনসংখ্যাৰ
তালিকাত শতকৰা হিচাপত ৰাজশাহী ডিভিজনত ৫৬,
ঢাকা ডিভিজনত ৫৯ আৰু চিটাগাং
ডিভিজনত ৬৭.৪ জন মুছলমান আছিল। কিন্তু শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত মুছলমানসকলৰ অৱস্থা
তেনেই পুতৌজনক আছিল। ১৮৭১ চনত মুছলমান ছাত্ৰৰ সংখ্যা আছিল মাথোন ২৯ শতাংশ। আনহাতে হিন্দু
জনসংখ্যা শতকৰা ৫০ জন আছিল যদিও তেওঁলোকৰ ছাত্ৰৰ সংখ্যা আছিল শতকৰা ৭০ জন। ১৮৭৫
চনত প্রেচিডেন্সী কলেজত মুছলমান ছাত্ৰৰ সংখ্যা আছিল ৫.৪ শতাংশ আৰু পক্ষান্তৰে
হিন্দু ছাত্ৰৰ সংখ্যা আছিল ৯৩.৯ শতাংশ। ১৮৮০-৮১ চনত বিশ্ববিদ্যালয় বা বৃত্তিমূলক
শিক্ষানুষ্ঠানত মুছলমান ছাত্ৰৰ সংখ্যা আছিল ৪.১ শতাংশ। সেই একে সময়তে হাইস্কুলত
৮.৩ শতাংশ, মজলীয়া বিদ্যালয়ত ১২.৬ শতাংশ আৰু প্রাইমাৰী
বিদ্যালয়ত ২১.৭শতাংশ মুছলমান ছাত্র আছিল । ২১.৭ শতাংশ মাদ্ৰাছা আৰু ১৩.৩ শতাংশ
আছিল অন্যান্য শিক্ষানুষ্ঠানসমূহত। ১৯০৫ চনৰপৰা ১৯১১ চনলৈ মুছলমান ছাত্ৰৰ
এণ্ট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ আৰু উত্তীৰ্ণৰ হাৰ তলত দেখুৱা ধৰণে আছিল-
১৯০৫
চনত মুঠ পৰীক্ষার্থী আছিল- ৭,২৭৬ জন আৰু উত্তীৰ্ণ হৈছিল- ৩,০২১ জন। ইয়াৰে মুছলমান পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল- ২০৬
জন। অৰ্থাৎ শতকৰা ৬.৮ জন।
১৯১১
চনত মুঠ পৰীক্ষাৰ্থী আছিল- ৬,১৭৪ জন আৰু ইয়াৰে উত্তীৰ্ণ হৈছিল- ৪,৩৪১ জন। ইয়াৰে মুছলমান পৰীক্ষার্থী উত্তীৰ্ণ হৈছিল- ৪২১ জন
অর্থাৎ শতকৰা ৯.৭ জন।
কিন্তু
দুর্ভাগ্যৰ কথা যে, ওপৰোল্লিখিত পৰিসংখ্যাৰ ভিতৰত ধৰ্মান্তৰিত
মুছলমান ছাত্ৰৰ সংখ্যা সম্ভৱতঃ খুবেই নগণ্য আছিল। কাৰণ এক তথ্যৰ পৰা দেখা যায় যে, অভিজাত মুছলমানৰ সন্তান ছৈয়দ আমিৰ আলিয়ে য’ত ১৮৭২ চনত এম,
এ পাছ কৰিছিল ত’ত ধর্মান্তৰিত মুছলমানৰ সন্তান অহিদুল নবী আৰু আব্দুল
লতিফে ১৯৫৪ চনত মাথোন নিম্ন ছাত্রবৃত্তি পৰীক্ষাতহে উত্তীৰ্ণ হৈছিল।
W.W
Hunter এ ১৮৭১ চনত The Musalman নামৰ গ্ৰন্থত মুছলমানসকল হিন্দুতকৈ পশ্চাদপদ হৈ থকাৰ কাৰণ
ফঁহিয়াই আলোচনা কৰিছিল। তেওঁৰ সেই আলোচনাত বংগৰ মুছলমানসকল পশ্চাত্পদ হৈ থকাৰ
কাৰণ স্পষ্টভাবে ওলাই পৰিছিল। সেয়ে মুছলমানসকলক অর্থনৈতিক আৰু ৰাজনৈতিকভাবে সবল
কৰাৰ কাৰণে ১৯০৫ চনৰ ১৬ অক্তোবৰত বৃহত্তৰ বংগক পূৰ্ববংগ আৰু পশ্চিম বংগ হিচাপে
বিভাজন কৰা হৈছিল। লর্ড কার্জনৰ পৰিকল্পনা অনুসৰি অসম, চট্টগ্রাম,
ঢাকা, ৰাজশাহী বিভাগক লৈ (দার্জিলিঙক বাদ দি কিন্তু মালদহ আৰু
পাৰ্বত্য জিলা ত্ৰিপুৰাক অন্তৰ্ভূক্ত কৰি) পূৰ্ববংগ
আৰু
অসম প্ৰদেশ গঠন কৰা হৈছিল। এই নতুন প্ৰদেশৰ আয়তন আছিল ১,০৬,৫০৪ বর্গ মাইল আৰু জনসংখ্যা আছিল ৩ কোটি ১০
লাখ। ইয়াৰে ১ কোটি ৮০ লাখ আছিল মুছলমান আৰু ১ কোটি ২০ লাখ আছিল হিন্দু। পূৰ্ববংগ
আৰু অসম প্ৰদেশৰ ৰাজধানী কৰা হৈছিল ঢাকা। এই বিভাজনৰ ফলত পূৰ্ববংগৰ মুছলমান সমাজৰ
ৰাজনীতিত প্ৰাণ চাঞ্চল্য সৃষ্টি হয়। উন্নয়নৰ স্পৰ্শ লাগে ঢাকাত। ঢাকাত নতুন অফিচ, সচিবালয়,
ব্যৱসায়-বাণিজ্য ও শিল্প প্রতিষ্ঠান
গঢ়লৈ উঠে। পূৰ্ববংগ আৰু অসমৰ প্ৰতিটো শাখাত নতুন প্রাণ শক্তি আৰু উদ্দীপনা
পৰিলক্ষিত হয়; কিন্তু ইয়াৰ দ্বাৰাও বাংলাভাষী ধর্মান্তৰিত মুছলমানসকল
লাভবান হ’বপৰা নাছিল। ভাষাৰ সমস্যা, অভিজাত হিন্দু-মুছলমানৰ গাঁও অঞ্চলত শিক্ষা বিস্তাৰৰ অনীহা, অর্থনৈতিক বৈষম্যৰ লগতে বিভিন্ন কাৰকে ধর্মান্তৰিত
মুছলমানসকলৰ উন্নয়নৰ বাটত হেঙাৰ হৈ থিয় দিছিল।
ধর্মান্তৰিত
মুছলমানসকল মূলতঃ কৃষিজীৱী আছিল যদিও মাটিৰ মালিকীস্বত্ব, ব্যৱসায়-বাণিজ্যকে আদি কৰি সকলো বৰ্ণহিন্দু আৰু কিছু
অভিজাত মুছলমানৰ অধিকাৰত আছিল। ধর্মান্তৰিত মুছলমানৰ দৰে নিম্নবর্ণ হিন্দুৰ
অৱস্থাও একে আছিল। নাঙল আছিল এই দুই সম্প্ৰদায়ৰ; কিন্তু
মাটি আছিল বৰ্ণহিন্দু আৰু অভিজাত মুছলমানৰ দখলত। এই দুই সম্প্ৰদায় বাস কৰিছিল
গাঁও অঞ্চলত আৰু উচ্চবৰ্ণৰ হিন্দু আৰু অভিজাত মুছলমানসকল বাস কৰিছিল চহৰাঞ্চলত।
চহৰত হিন্দুৰ বসতি আছিল শতকৰা ৬৭.১ জন আৰু মুছলমানৰ বসতি আছিল মাথোন শতকৰা ২৯.৯
জন। চহৰাঞ্চলত বাসকৰা এই মুছলমানৰ সৰহ সংখ্যকে আকৌ আৰৱ, ইৰাণ,
ইৰাকৰপৰা প্ৰব্ৰজিত আৰু
উচ্চবৰ্ণ হিন্দুৰ পৰা ধর্মান্তৰিত মুছলমান আছিল।
ধর্মান্তৰিত
মুছলমানসকল ভাষাৰ ক্ষেত্ৰতো অন্তদ্বৰ্দ্ধত ভূগিব লগা হৈছিল। প্রকৃতিগত ও জন্মগতভাবে
ধর্মান্তৰিত মুছলমানৰ মাতৃভাষা আছিল বাংলা। কিন্তু ধর্মীয় সম্প্রদায় হিচাপে
ভিন্নভাবে চিহ্নিত কৰাৰ কাৰণে মুষ্টিমেয় আশ্বৰাফ সম্প্ৰদায়ৰ মুছলমানে তেওঁলোকক
ঊর্দু ভাষাত শিক্ষা গ্রহণ কৰিবলৈ উদ্বুদ্ধ কৰিছিল। এই বাংলা আৰু ঊর্দূ বিতৰ্ক
বহুদিনলৈ চলিছিল আৰু আশ্বৰাফসকলে ধর্মান্তৰিত মুছলমানৰ মাতৃভাষা বাংলাক আওকাণ কৰি আৰবী, পাৰ্চী ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ আঁকোৰগোজ হৈ লাগি আছিল।
কিন্তু বাংলাভাষী মুছসলমানসকলে ঊর্দূ আৰু পাৰ্চী বুজি নোপোৱাৰ কাৰণে শিক্ষাৰ
ক্ষেত্ৰত বিশেষ আগ্রহ দেখুৱা নাছিল। অর্থনৈতিক কাৰণৰ সমান্তৰালভাবে ভাষা সমস্যাও
মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰতাৰঅন্যতম কাৰণ আছিল।
নানা
বিভিন্নতা আৰু অসুবিধা থকা সত্ত্বেও সেই সময়ৰ ধৰ্মান্তৰিত মুছলমানৰ পথপ্ৰদৰ্শক
ছৈয়দ আমিৰ আলি আৰু আব্দুল লতিফে শিক্ষাৰ মাধ্যম ঊর্দূ হোৱাটোকে সমর্থন কৰিছিল।
বাঙালী হিন্দুৰ বাবে বাংলা আৰু বাঙালী ধর্মান্তৰিত মুছলমানকে আদি কৰি সকলো
মুছলমানৰ কাৰণে শিক্ষাৰ মাধ্যম উর্দূ হ’ব লাগে বুলি ছৈয়দ আমিৰ আলিয়ে শিক্ষা আয়োগৰ
ওচৰত দাবী উত্থাপন কৰিছিল। হিন্দু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা
পাঠ্যপুথিসমূহ মুছলমানৰ কাৰণে উপযোগী নহয় বুলি এই দাবিৰ স্বপক্ষে যুক্তি দাঙি
ধৰিছিল। অর্থাৎ এক নগণ্য সংখ্যক আশ্বৰাফ শ্ৰেণীৰ মুছলমানে বৃহৎ সংখ্যক ধর্মান্তৰিত
মুছলমানক প্রতিনিধিত্ব কৰিছিল। এই আত্মঘাতী পদক্ষেপৰ ফলত বাংলাভাষী ধর্মান্তৰিত
মুছলমানে আৰবী, পাৰ্চী ও উর্দূতো আয়ত্ব কৰিব নোৱাৰিলেই
বিপৰীতপক্ষে মাতৃভাষা বাংলাও ভালদৰে শিকিব নোৱাৰিলে। সেয়ে তেওঁলোকে আৰবী, পাৰ্চী আৰু উর্দূৰ সংমিশ্ৰণত উদ্ভূত এক মিশ্রিত দোৱানত
কথা-বতৰা পাতিব লগা হৈছিল। দেশীয় ভাষাত এই মিশ্রিত ভাষাক ‘পেটুইচ’
বুলি কোৱা হৈছিল। পেটুইচ
ভাষী ধর্মান্তৰিত মুছলমানকে বাঙালী মুছলমান হিচাপে চিহ্নিত কৰা হৈছিল।
অতি
বিদ্যুৎসাহী মুছলমান ছাত্ৰই আন এক সমস্যাৰ সন্মুখীন হৈছিল। তেওঁলোকে একেটা সময়তে
পাঁচটা ভাষা শিকিব লগা হৈছিল। আৰবী আৰু পাৰ্চী ধৰ্মৰ কাৰণে, উর্দূ মৰ্যদাৰ কাৰণে আৰু বাংলা ও ইংৰাজী চাকৰি-বাকৰিত
নিয়োগৰ কাৰণে। পক্ষান্তৰে হিন্দু ছাত্ৰই বাংলা, সংস্কৃত
আৰু ইংৰাজী এই তিনিটা ভাষা শিকিব লগা হৈছিল। মুছলমান ছাত্ৰই একে সময়ত পাঁচটা ভাষা
শিকিব লগা হোৱাত কোনোটোতে পূর্ণ দক্ষতা অর্জন কৰিবপৰা নাছিল। (লক্ষ্যণীয় যে,
অসম তথা ভাৰতবৰ্ষৰ বহু
মাদ্ৰাছা, চিনিয়ৰ মাদ্ৰাছা আৰু খাবেজী মাদ্রাছাত এই
ব্যৱস্থা বর্তমানেও প্রচলিত হৈ আছে। আধুনিক বিদ্যালয়ত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰী
ধৰ্মীয় শিক্ষাৰ নামত এতিয়াও ৰাতিপুৱা মক্তৱত অধ্যয়ন কৰে আৰু পাছত বিদ্যালয়লৈ
যায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মূৰত অতিৰিক্ত চাপ পৰে। ফলত বহুতো ছাত্র-ছাত্রী মূল
আধুনিক শিক্ষাত আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ ব্যর্থ হয়। এযাৰ কথা ক’লে হয়তো বঢ়াই কোৱা নহ’ব
যে, কোনো কোনো ক্ষেত্ৰত আৰবীয়ান মুছলমানতকৈও যেন
আমাৰ ভাৰতবৰ্ষৰ এচাম মুছলমান আৰবীয়ান সংস্কৃতিৰ প্ৰতি অধিক আগ্রহী। এই মানসিকতাই
মুছলমানসকলক ভাৰতৰ অন্যান্য জাতি-গোষ্ঠীৰপৰা ক্ৰমান্বয়ে দূৰলৈ আঁতৰাই পঠাই আছে
আৰু ইয়াৰে সুযোগলৈ আৰ, এচ,
এচৰ দৰে সাম্প্ৰদায়িক
সংগঠনবোৰে নানা ঠাইত সাম্প্রদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰিছে।) তদুপৰি আৰ্থিক
অনগ্ৰসৰতা আৰু গাঁও অঞ্চলত জমিদাৰসকলৰ শিক্ষাবিস্তাৰৰ ক্ষেত্ৰত থকা অনীহাৰ ফলতো
ধর্মান্তৰিত মুছলমানসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰি গৈছিল।
জমিদাৰসকলৰ
এই অনীহাৰ কাৰণ হিচাপে ৰমেশ চন্দ্ৰ দত্তই এনেদৰে মন্তব্য কৰিছে— ‘দুখীয়া ৰায়তী প্রজাসকল যেতিয়া হিচাপ-নিকাচ কৰিবলৈ শিকিব, তেতিয়া জমিদাৰৰ কৰ্মচাৰীসকলে সিহঁতক ঠগোৱাই উপৰুৱা আয়
কৰাৰ সুযোগ হেৰুৱাব। জমিদাৰসকলে তেতিয়া দুই তিনি টকাৰ গোমস্তা ৰাখিব নোৱাৰিব।
কাৰণ গোমস্তাসকলৰ উপৰুৱা আয়ৰ উৎস একেবাৰে বন্ধ হৈ যাব। ইমান কম দৰমহাত তেতিয়া
কোনে কাম কৰিব?’ এইদৰে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিয়ে
জমিদাৰসকলে গাঁও অঞ্চলত শিক্ষা বিস্তাৰৰ বিৰোধিতা কৰিছিল। ইয়াৰ লগতে তেতিয়াৰ
অভিজাত শ্ৰেণীৰ লোকসকলেও জমিদাৰসকলৰ লগত সুৰ মিলাইছিল। তেতিয়াৰ অভিজাত কেন্দ্রিক
সংবাদ পত্ৰ আৰু অভিজাত শ্ৰেণীৰ লোকসকল একলগ হৈ হাজাৰ কণ্ঠত একেলগে চিঞৰি গাঁও
অঞ্চলত শিক্ষা বিস্তাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল। অভিজাতসকলৰ এই মনোভাৱৰ বাবে
নিম্নবৰ্ণৰ বাঙালী হিন্দু আৰু ধৰ্মান্তৰিত মুছলমানসকল শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত
পিছপৰি গৈছিল। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰাৰ লগে লগে চাকৰি বাকৰি, ব্যৱসায়-বাণিজ্য আদিৰ ক্ষেত্ৰতো পিছপৰি গৈছিল আৰু
আৰ্থিকভাবে কোঙা হৈ পৰিছিল। যাৰ ফলত তেতিয়াৰ ব্ৰিটিচ চৰকাৰ আৰু অসমৰ
বুদ্ধিজীৱীসকলৰ আহ্বানক্রমে এই শোষিত- বঞ্চিত লোকসকল মাটি বিচাৰি তাহানিৰ
প্ৰাগজ্যোতিষপুৰ কামৰূপৰ ৰত্নপীঠৰ ভূমিৰপৰা কামপীঠ আৰু সুৱৰ্ণপীঠলৈ আন্তঃপ্ৰব্ৰজন
কৰি আহিছিল। ব্ৰিটিচ চৰকাৰৰ লগতে তেতিয়াৰ অসমৰ বুদ্ধিজীৱী আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু বাবু গজানন বৰুৱা প্ৰমুখ্যে এই
প্ৰব্ৰজনৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল।
প্ৰব্ৰজন
কৰি উঠি অহাৰ পাছত আর্থিকভাবে কিছু সবল হোৱাত এইসকল মুছলমানে অসমীয়া মাধ্যমৰ
বিদ্যালয় খুলি শিক্ষা গ্ৰহণৰকাৰণে ব্ৰতী হয়। কিন্তু আর্থিকভাবে অনগ্ৰসৰ হোৱাৰ
সমান্তৰালভাবে বিদ্যালয়সমূহত আন্তগাঁথনিৰ অভাৱ আৰু চৰকাৰৰৰ বৈষম্যমূলক আচৰণৰ ফলত
এইসকল মুছলমান গুণগত শিক্ষা আহৰণৰ ক্ষেত্ৰত অন্যান্য জাতিৰ তুলনাত এতিয়ালৈকে বহু
পিছপৰি আছে। উদাহৰণ স্বৰূপে ধুবুৰী জিলাত ১০৭০ জনসংখ্যাৰ বিপৰীতে মাথোন এখন
প্রাথমিক বিদ্যালয়। মুছলিম বসতি প্রধান অঞ্চলৰ ৩৫ শতাংশ বিদ্যালয়ত এজন শিক্ষক
থকাৰ সমান্তৰালভাবে ২৫০ ৰপৰা ৩০০ জন ছাত্র-ছাত্রী থকা বিদ্যালয়তো মাথোন এজন
শিক্ষক। ৬ ৰপৰা ১৪ বছৰ বয়সৰ ২৫ শতাংশ ল'ৰা-ছোৱালী হয় বিদ্যালয়লৈ নাযায়, নহ'লে অকালতে বিদ্যালয় ত্যাগ কৰে। উচ্চবর্ণ
হিন্দুৰ ৬২ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্রাথমিক শিক্ষা সমাপ্ত কৰাৰ বিপৰীতে মুছলমানৰ
মাথোন ৩৯ শতাংশই প্রাথমিক শিক্ষা সমাপ্ত কৰে। উচ্চবর্ণ হিন্দুৰ ৬২ শতাংংশই
মাধ্যমিক ও উচ্চমাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ সমান্তৰালভাবে মুছলমানৰ মাথোন ৫০
শতাংশই মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। উচ্চবৰ্ণৰ ৬২ শতাংশই স্নাতক
পাছ কৰাৰ বিপৰীতে মুছলমানৰ মাথোন ৫০ শতাংশই স্নাতক পাছ কৰে। স্নাতক পৰ্যায়ত ২৫ জন
আৰু স্নাতকোত্তৰ পৰ্যায়ত ৫০ জন ছাত্ৰ-ছাত্ৰীৰ মাজত মাথোন এজন মুছলমান।
মুছলমানসকলৰ ২০+ বয়সৰ মাথোন ৪ শতাংশ স্নাতক,
এম বি এ ১ শতাংশ, স্বাস্থ্যসেৱাত ৪ শতাংশ, আই
আই এমত ৪৭৪৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজত মাথোন ৬৩ জন মুছলমান অর্থাৎ ১.৩২ শতাংশ। (এইবোৰ
তথ্য ২০০৪-০৫ বৰ্ষৰ)। চাকৰিৰ ক্ষেত্ৰতো মুছলমানসকলৰ অৱস্থা পুতৌজনক।
ভাৰতবৰ্ষৰ
মুঠ জনসংখ্যাৰ ১৩.৪৩ শতাংশ মুছলমান;
কিন্তু চাকৰি-বাকৰিৰ
ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিনিধিত্ব মাথোন ২.৫ শতাংশ। অন্যান্য সম্প্ৰদায়ৰ সংখ্যালঘুৰ
তুলনাত মুছলমানৰ বেংক ঋণ প্ৰাপকৰ সংখ্যা কম অর্থাৎ ৪.৬ শতাংশ। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আই এ এছ ৩ শতাংশ,
আই এফ এছ ১.৮ শতাংশ, আই পি এছ ৪ শতাংশ,
ৰে'ল সেৱাত ৪.৫,
স্বাস্থ্যসেৱাত ৪.৪ শতাংশ, আৰক্ষী কনিষ্টবল ৬ শতাংশ আৰু ন্যায়ালয়ত ৬.৫ শতাংশ
মুছলমান নিয়োজিত হৈ আছে।। ইয়াৰে ৯৮.৭ শতাংশ নিম্নখাপৰ চাকৰিত নিয়োজিত। সেয়ে এই
বৈষম্য আঁতৰ কৰাৰ কাৰণে চাছাৰ কমিটিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল। চাছাৰ কমিটিৰ
সেই পৰামৰ্শ অনুসৰি মুছলমানসকলক শৈক্ষিক,
সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক দিশত আগবঢ়াই নিয়াৰ কাৰণে ২০০৭-০৮
বৰ্ষৰপৰা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে প্রধান মন্ত্ৰীৰ ১৫ দফীয়া আঁচনি
ৰূপায়ন কৰি আছে। এই আঁচনিৰ মাজত ছাত্রবৃত্তিও অন্যতম। এই ছাত্রবৃত্তি ৫০ শতাংশ নম্বৰ
আহৰণ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। এটা পৰিয়ালৰপৰা দুজন ছাত্ৰ-ছাত্ৰীয়ে এই
বৃত্তি পাব পাৰে। ফলত বৃত্তি প্ৰদানৰ পাছৰপৰা মুছলমান সমাজত শিক্ষাৰ ক্ষেত্ৰত নৱজাগৰণ
সৃষ্টি হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাব গা কৰি উঠা পৰিলক্ষিত
হৈছে। তদুপৰি ছোৱালীৰ কাৰণে ৩০ শতাংশ ছাত্রবৃত্তি সংৰক্ষিত থকাৰ কাৰণে
স্ত্রীশিক্ষাৰ ক্ষেত্ৰতো ইতিবাচক প্রভাব পৰিছে। অর্থাৎ দুখীয়া অভিভাবক সকলো
স্ত্রীশিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। ইয়াৰ
ফলত পৰিয়াল নিয়ন্ত্ৰণ তথা বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে
এই ছাত্রবৃত্তি বন্ধ কৰি দিলে মুছলমান ছাত্র-ছাত্ৰীসকল বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন
হ’ব আৰু পৰিয়াল নিয়ন্ত্ৰণ তথা বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত
নেতিবাচক প্ৰভাৱ পৰিব। সেয়ে আমাৰ নতুন চৰকাৰে মুছলমানসকলৰ সামাজিক, শৈক্ষিক তথা অর্থনৈতিক দিশৰ লগতে দেশৰ সামগ্ৰিক স্বাৰ্থৰ
কথা চিন্তা কৰি এই ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা থাকিল।
(জনসাধাৰণ-
২৫-০৫-১৬)
চীনৰ
বিৰোধিতাৰ ফলত এন এচ জি সদস্য পদ লাভৰপৰা বঞ্চিত হ’ল ভাৰত
চীনৰ
লগতে আন পাঁচখন দেশৰ বিৰোধিতাৰ ফলত অৱশেষত পৰমাণু সৰবৰাহ গোট (এন এচ জি)ৰ সদস্য পদ
লাভৰপৰা বঞ্চিত হ’ল ভাৰত। আমেৰিকা, ব্রিটেইন,
ফ্রান্স, ৰাচিয়াৰ দৰে দেশৰ সমৰ্থনৰ পাছতো চীন, ব্রাজিল,
অষ্ট্রিয়া, নিউজিলেণ্ড,
তুর্কী আৰু আয়াৰলেণ্ডৰ বিৰোধিতাৰ
ফলত আন্তৰিক প্রচেষ্টা সত্ত্বেও ভাৰতক এন এচ জিৰ সদস্য ভুক্ত কৰা নহ'ল। অৱশ্যে ভাৰতৰ এই প্রচেষ্টা আজিৰ নহয়। ২০০৮ চনত
ভাৰত-আমেৰিকা অসামৰিক পৰমাণু চুক্তি সম্পাদন হোৱাৰ পাছৰপৰাই ভাৰত এন এচ জিৰ সদস্য
পদ লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু ২০১০ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক
ওবামাৰ ভাৰত ভ্ৰমণৰ পাছৰপৰা এই ক্ষেত্ৰত অধিক উৎসাহী হৈ উঠিছে। উক্ত ভ্ৰমণৰ সময়ত
বাৰাক ওবামাই ভাৰত পৰমাণু সৰবৰাহ গোটৰ সদস্য হোৱাৰ বাবে সাজু হৈ উঠা বুলি মতপোষণ
কৰিছিল। ওবামাই তদানীন্তন প্রধান মন্ত্রী মনমোহন সিঙক এয়াও কৈছিল যে, তেওঁ ভাৰতক এন এচ জিৰ সদস্য পদ দিওৱাৰ লগতে এম টি চি আৰ, অষ্ট্ৰেলিয়া গ্রুপতো সদস্য পদ দিওৱাৰ বাবে প্ৰয়াস কৰিব।
ইয়াৰ পাছত উক্ত চনৰে ডিচেম্বৰ মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি চাৰজোকিয়ে ভাৰত ভ্ৰমণৰ
সময়ত ফ্রান্সে ভাৰতক এন এচ জিৰ সদস্য হিচাপে বিচাৰে বুলি মন্তব্য কৰিছিল। ফলত চলিত
বৰ্ষৰ ১২ মে'ত ভাৰত এন এচ জিৰ সদস্য পদ লাভৰ বাবে আবেদন
কৰে আৰু ৮ জুনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত বাৰাক
ওবামাই এই ক্ষেত্ৰত সেউজ সংকেত দিয়ে। ইয়াৰ পাছত ব্ৰিটেইন, ৰাচিয়া,
জাপান, কানাডা,
গ্রেট ব্ৰিটেইন আৰু
অষ্ট্ৰেলিয়াই মুকলিভাবে সমর্থন আগবঢ়োৱাৰ লগতে অন্যান্য দেশৰ সমৰ্থন আদায়ৰ বাবেও
চেষ্টা চলাইছিল আৰু আন ১৭ খন দেশে মুকলিভবে সমৰ্থন কৰা নাছিল যদিও সেইসমূহ দেশৰো
মৌন সমৰ্থন আছিল। তথাপি ভাৰত একমাত্র চীনৰ বিৰোধিতাৰ ফলত এন এচ জি সদস্যৰ মৰ্যদা
পোৱাৰ পৰা বঞ্চিত হ’ব লগা হ'ল।
কি
আৰু কি কাৰণত ভাৰত এন এচ জি সদস্য পদ লাভৰ পৰা বঞ্চিত হ'ব লগা হ’ল এই বিষয়ে স্বাভাৱিকতে প্রশ্ন উদয় হয়। এন
এচ জি হ’ল পৰমাণু ইন্ধন আৰু প্ৰযুক্তি বাণিজ্য
নিয়ন্ত্ৰণ কৰা গোট।। ১৯৭৪ চনৰ মে’
মাহত ভাৰতে পোখৰাণ পৰমাণু
পৰীক্ষাৰ পাছত পৰমাণু হাতিয়াৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে ১৯৭৫ চনৰ নৱেম্বৰ মাহত
কানাডা, পশ্চিম জার্মানী, ফ্রান্স,
জাপান, ৰাছিয়া,
ব্ৰিটেইন আৰু আমেৰিকাক লৈ ‘এন এচ জি’
গঠন কৰা হৈছিল। ১৯৭৬-৭৭ চনত
বেলজিয়াম, চেকোশ্ল’ভেকিয়া,
পূব জার্মানি, ইটালি,
নেদাৰলেণ্ডকে আদি আন কে’বাখনো দেশৰ অন্তৰ্ভূক্তিৰ ফলত ইয়াৰ সদস্য দেশৰ সংখ্য ১৫ লৈ
বৃদ্ধি পাইছিল। ১৯৯০ চনত আন ১২ খন দেশ এই গোটৰ সদস্য হয়। চীন ২০০৪ চনত পৰমাণু
সৰবৰাহ গোটৰ সদস্য হয়। বর্তমান বিশ্বৰ ৪৮ খন দেশ এই গোটৰ সদস্য। কিন্তু ভাৰতক কি
অজুহাতত এন এচ জিৰ সদ্যসভূক্ত কৰা নহ'ল?
১৯৬৮
চনতপৰমাণু অপ্ৰসাৰ চমুকৈ ‘এন পি টি’ চুক্তি
সম্পাদন কৰা হৈছিল। ভাৰত,
চাউথ চুড়ান, ইজৰাইল আৰু পাকিস্থানৰ বাহিৰে বিশ্বৰ ১৯১ খন দেশে এই
চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ উদ্দেশ্য আছিল, পৰমাণু
ইন্ধন আৰু প্ৰযুক্তি নিয়ন্ত্ৰণ আৰু বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিকৰণ। এই
চুক্তি স্বাক্ষৰ কৰা দেশসমূহক ‘নিউক্লিয়াৰ ওৱেপন ষ্টেট’ অৰ্থাৎ পৰমাণু হাতিয়াৰ সম্পন্ন দেশ আৰু ‘নন নিউক্লিয়াৰ ওৱেৰ্পন ষ্টেট’ অর্থাৎ পৰমাণু হাতিয়াৰ অসম্পন্ন দেশ হিচাপে দুটা ভাগত ভাগ
কৰা হৈছে। ‘নিউক্লিয়াৰ ওৱেপন ষ্টেট’ৰ অন্তৰ্ভূক্ত দেশৰ অলিকাত আছে আমেৰিকা, গ্রেট ব্ৰিটেইন,
চীন, ফ্রান্স আৰু ৰাচিয়া। চুক্তি মৰ্মেৰ্পৰমাণু হাতিয়াৰ
সম্পন্ন দেশসমূহে পৰমাণু অস্ত্ৰ ভাণ্ডাৰ নিষ্ক্ৰিয় কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ
লগতে পৰমাণু হাতিয়াৰ নথকা দেশবোৰে পৰমাণু হাতিয়াৰ বিকাশ তথা নির্মাণ নকৰাৰ বাবে
সিদ্ধান্ত লয়। লগতে সিদ্ধান্ত লোৱা হয় যে,
এন টি পিত স্বাক্ষৰ কৰা দেশবোৰে
পৰমাণু হাতিয়াৰ বিকশিত কৰিব নোৱাৰিব যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ
পৰ্যবেক্ষণত শান্তিপূর্ণ উদ্দেশ্যত পৰমাণু ইন্ধন ব্যৱহাৰ কৰিব পাৰিব। কিন্তু ভাৰতে
ভৱিষ্যত নিৰাপত্তাৰ কথা চিন্তা কৰি তেতিয়া এই চুক্তি স্বাক্ষৰ কৰা নাছিল।
এন
পি টি চুক্তিত স্বাক্ষৰ নকৰাৰ অজুহাততে সম্প্ৰতি ভাৰতক পৰমাণু সৰবৰাহ গোটৰ সদস্য
লাভৰপৰা বঞ্চিত কৰা হৈছে। চীনে চৰ্তাৰোপ কৰিছিল যে, ভাৰত
যদি এন পি টিত স্বাক্ষৰ নকৰাকৈ এন এচ জিৰ সদস্য হ'ব
পাৰে তেনেহ'লে দক্ষিণ এচিয়াৰ অন্যান্য দেশ বিশেষকৈ
পাকিস্তানকো ইয়াৰ সদস্য কৰিব লাগিব। কাৰণ ভাৰত-আমেৰিকা অসামৰিক পৰমাণু চুক্তিৰ
ফলত ভাৰত এন পি টিৰ সদস্য নোহোৱাকৈও পূৰ্বৰে পৰাই বিশেষ সুবধিা লাভ কৰি আছে। সেয়ে
পাকিস্তানক বাদ দি যদি মাথোন ভাৰতক । এচ জি সদস্যভূক্ত কৰা হয় তেনেহ'লে পাকিস্তানত বিদ্ৰোহ হ’ব।
কাৰণ পাকিস্তান এই গোটৰ সদস্য হোৱাৰ বাবে উপযুক্ত।
ভাৰত
যাতে এন এচ জিৰ সদস্য হ’ব নোৱাৰে তাৰ বাবে আন্তর্জাতিক প্ৰচাৰ মাধ্যমৰ
জৰিয়তে পাকিস্তানে ভাৰত আৰু উত্তৰ কোৰিয়াৰ মাজত পাৰমাণৱিক সম্পৰ্ক থকা বুলি
অপপ্ৰচাৰ চলাইছিল। দোদুনস্থিত এখন প্রশিক্ষণ কেন্দ্ৰত উত্তৰ কোৰিয়াৰ বিশেষজ্ঞসকলক
প্রশিক্ষণ দিয়াৰ লগতে ভাৰত উত্তৰ কোৰিয়াৰ পৰমাণুৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন
কৰি আছে বুলি পাকিস্তানৰ প্ৰৰোচনাতে আন্তর্জাতিক প্ৰচাৰ মাধ্যমবোৰে সজোৰে প্ৰচাৰ চলাইছিল।
ভাৰতৰ বিদেশ মন্ত্রণালয়ে এই অপপ্ৰচৰ খণ্ডন কৰি কৈছে যৈ, দৈৰাদুনৰ কেন্দ্ৰ সম্পৰ্কে সীমিত জ্ঞান থকাসকলেহে এই
অপপ্ৰচাৰ চলাইছে। কাৰণ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যি
প্রতিবন্ধকতা আৰোপ কৰা হৈছে সেয়া ভাৰতে আন্তৰিকতাৰে পালন কৰি আছে। তদুপৰি দোদুনস্থিত
‘স্পেচ চায়েঞ্চ এণ্ড টেকন’ল’জি ইন এচিয়া দ্যা পেচিফিক’ত
মুকলিভাবে এই পাঠ্যক্রম উপলব্ধ। এই পাঠ্যক্রমে কেতিয়াও উত্তৰ কোৰিয়াৰ বিৰুদ্ধে
আৰোপ কৰা প্রতিবন্ধকতা উলংঘন কৰা নাই। তদুপৰি এই কেন্দ্ৰৰ লগত ৰাষ্ট্ৰসংঘৰ
পৰ্যবেক্ষক জড়িত হৈ আছে আৰু সেইসকল প্রতিনিধিয়ে পাঠ্যক্ৰম নির্বাচন কৰাৰ লগতে
বিভিন্ন দেশৰ বিশেষজ্ঞ নিৰ্বাচনৰ ক্ষেত্ৰতো ভূমিকা পালন কৰি আছে। চীনৰ চৰকাৰী
সংবাদ মাধ্যমে প্রচাৰ কৰিছে যে, ভাৰতক এন এচ জিৰ সদস্য নকৰাৰ পক্ষে মতপোষণ
কৰাৰ নৈতিক অধিকাৰ চীনৰ আছে। কাৰণ ভাৰত এন পি টি সদস্যভূক্ত নহয়। আমেৰিকাৰ সমৰ্থনতহে
ভাৰতৰ উৎসাহ বৃদ্ধি পাইছে। আমেৰিকাই ভাৰতৰ লগত ঘনিষ্ট হৈ চীনক নিয়ন্ত্ৰণ কৰাৰ
প্ৰয়াস কৰি আছে। আৰু লেখিছে যে,
আমেৰিকাই সমগ্ৰ বিশ্ব নহয়।
আমেৰিকাৰ সমৰ্থন লাভ কৰাৰ অৰ্থ এইটো নহয় যে,
সমগ্ৰ বিশ্বই ভাৰতক সমৰ্থন
কৰিছে। এই গুৰুত্বপূৰ্ণ বিষয়টোক ভাৰতে আওকাণ কৰি আছে।
এন
পি টিত স্বাক্ষৰ নকৰাকৈ এন এচ জিৰ সদস্য হোৱাৰ পৰম্পৰা আগৰে পৰা প্ৰচলিত আছে। কাৰণ
ইয়াৰ আগত পৰমাণু হাতিয়াৰ সম্পন্ন দেশ হৈয়ো চীন আৰু ফ্রান্সে এন এচ জিৰ সদস্য পদ
লাভ কৰিছে। আন কেইখনমান দেশ ব্রাজিল,
আর্জেন্টিনা, জাপানো এন পি টিৰ সদস্য নোহোৱাকৈ সদস্য পদ লাভ কৰিছে।
কিন্তু একমাত্ৰ ভাৰতৰ ক্ষেত্ৰত কিয় এই বৈষম্য কৰা হ’ল?
ইয়াৰ মূলতে আছে পাকিস্তান।
কাৰণ ভাৰত এন এচ জিৰ সদস্য পদ লাভ কৰিলে ভৱিষ্যতে পাকিস্তানৰ সদস্য হোৱাৰ বাটত
কেতিয়াবা ভাৰত হেঙাৰ হ’ব পাৰে বুলি ভয় কৰিয়ে পাকিস্তানে চীনৰ
সহযোগত ভাৰতক এন এচ জিৰ সদস্য পদ লাভৰ পৰা বঞ্চিত কৰিছে বুলি বহুতে ভাবিবলৈ বাধ্য
হৈছে।
এন
এচ জিৰ সদস্য হ’লে ভাৰত তলত দিয়া সুবিধাসমূহ পালেহেঁতেন।
(১) ভাৰতৰ প্ৰয়োজন হোৱা ইন্ধনৰ চাহিদা পূৰ্ণ
কৰিব পাৰিলেহেঁতেন।
(২) ভাৰতে পৰমাণু সম্পৰ্কীয় প্রযুক্তি লাভৰ
সুবিধা পালেহেঁতেন।
(৩) ভাৰত বিশেষ কোনো আপোচ নকৰাকৈ ইউৰেনিয়াম
উপলব্ধ হ’ব পাৰিলেহেঁতেন।
(৪) পৰমাণু প্রযুক্তি আৰু পৰমাণু সম্বন্ধীয়
কেঁচামাল আমদানি আৰু ৰপ্তানি কৰিবলৈ সুবিধা পালেহেঁতেন।
(৫) পৰমাণু বিএক্টৰৰ পৰা নিৰ্গত আৱৰ্জনা
নিষ্কাষণৰ ক্ষেত্ৰত এন এচ জি ভূক্ত দেশৰ সহায় পালেহেঁতেন।
(৬) ভাৰত পৰমাণু ইন্ধনৰপৰা সম্প্ৰতি মাথোন ৬০০০
মেগাৱাট বিজুলি উৎপাদন কৰে। এয়া মুঠ প্ৰয়োজনৰ মাথোন তিনি শতাংশ। মোদী চৰকাৰে ২০৩২
চনৰ ভিতৰত ৬৩০০০ মেগাৱাট বিজুলি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। এন চি জিৰ সদস্যভূক্ত
হ’লে এই লক্ষ্যত উপনীত হোৱাৰ বাট সুগম হ'লহেঁতেন।
সদস্য
পদ লাভৰ পৰা বঞ্চিত হোৱাৰ ফলত মোদী চৰকাৰ সমালোচনাৰো সন্মুখীন হ’ব লগা হৈছে। এই বিফলতাৰ কাৰণে বিৰোধী দলবোৰে প্ৰধান মন্ত্ৰী
নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছে আৰু কূটনৈতিক বিফলতাৰ ফলত ভাৰত এন এচ জি সদস্য
লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে বুলি দাবী কৰিছে বিৰোধী ৰাজনৈতিক
দল সংগঠনে। কংগ্ৰেছে কৈছে এন এচ জি সদস্য লাভৰ পৰা বঞ্চিত হোৱাৰ মূলতে হ’ল মোদীৰ অসফল কূটনীতি। ভাৰত- আমেৰিকা অসামৰিক পৰমাণু
চুক্তিৰ ফলত ভাৰতে এনেয়েও এন এচ জি ভূক্ত দেশৰপৰা বিশেষ সুবিধা লাভ কৰি অহাৰ
পাছতো এই প্রয়াস কিমানদূৰ যুক্তিসংগত হৈছে এই বিষয়েও দুই চাৰিজনে প্রশ্ন উত্থাপন
কৰিছে।
সি
যিয়ে নহওঁক, মোদী চৰকাৰৰ এই প্রয়াস যে প্রশংসনীয় আছিল
ইয়াত সন্দেহৰ থল নাই।
(জনসাধাৰণ - ০৩-০৭-১৬)
কেন্দ্ৰীয়
কৰ্মচাৰীৰ দৰমহা বৃদ্ধিয়ে ৰাজ্যিক কৰ্মচাৰীক উৎসাহিত কৰাৰ বিপৰীতে
সৰ্বসাধাৰণ
ৰাইজক শংকিত কৰি তুলিছে।
২০১৪
চনৰ ফেব্ৰুৱাৰী মাহত তেতিয়াৰ ইউ পি এ চৰকাৰে অৱসৰ প্ৰাপ্ত বিচাৰপতি এ,কে,মাথুৰৰ অধ্যক্ষতাত গঠন কৰি দিয়া সপ্তম দৰমহা আয়োগৰ
প্রতিবেদন প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয়
মন্ত্রীমণ্ডলৰ বৈঠকত গৃহীত হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল উৎসাহিত হৈ
উঠিছে। সিদ্ধান্ত অনুসৰি সকলো স্তৰৰ কৰ্মচাৰীৰ মূল দৰমহা ২.৫৭ গুণ বৃদ্ধি পাব।
পুৰণি মূল দৰমহা আৰু ১২৫ শতাংশ মৰগীয়া বানচ মিলি নতুন মূল দৰমহাৰ নিৰিখ গঠন হ’ব। ফলত মূল বৃদ্ধিৰ পৰিমাণ হ’বগৈ ২৩.০৫ শতাংশৰ ওচৰা-উচৰি। ইয়াৰ ফলত ৪৭ লাখ কৰ্মচাৰী
আৰু ৫২ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উপকৃত হ’ব।
দ্ৰমহা
আয়োগে বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিত্তমন্ত্ৰী অৰুণ জেটলিৰ ওচৰত প্রতিবেদন দাখিল কৰিছিল।
দৰমহা আয়োগৰ এই প্রতিবেদনৰ পাছতে কেন্দ্ৰীয় চৰকাৰ প্ৰতিবেদনখন ৰূপায়ন কৰাৰ
কাৰণে কেবিনেট সচিব পি কে সিনহাৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল। সচিব
পৰ্যায়ৰ কমিটিখনে যাৱতীয় প্রস্তুতি সম্পন্ন কৰাৰ পাছত যোৱা ২৯ জুনত কেন্দ্রীয়
মন্ত্ৰীমণ্ডলে উক্ত প্রতিবেদনত অনুমোদন জনাইছে। পঞ্চম আৰু ষষ্ঠ দৰমহা আয়োগৰ
পৰামৰ্শ কার্যকৰী কৰিবলৈ সময় লাগিছিল যথাক্রমে ১৯ আৰু ৩২ মাহ; কিন্তু সপ্তম দৰ্মহা আয়োগৰ প্ৰতিবেদন মাথোন ৭ মাহতে
কাৰ্যকৰী কৰা হ’ল। এইদৰে লৰালৰিকৈ অনুমোদন জনোৱাৰ কাৰণ অৱশ্যে
নথকা নহয়। কাৰণ এইবাৰ দৰমহা আয়োগে মূল বেতন আৰু ভাত্তাৰ ১৪.২৭ শতাংশ দৰমহা
বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ বাবে কৰ্মচাৰীসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ
হৈছিল। কিয়নো বিগত সত্তৰ বছৰৰ ভিতৰত এইবাৰে আটাইতকৈ কম হাৰত দৰমহা বৃদ্ধিৰ
পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ কাৰণে বহু কৰ্মচাৰী সংগঠনে ১১ জুলাইপৰা ধৰ্মঘটলৈ যোৱাৰ
কথাও ঘোষণা কৰিছিল। ফলত এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈয়ে চৰকাৰে লৰালৰিকৈ
সিদ্ধান্ত ল'ব লগা হৈছে। কিন্তু এইদৰে লৰালৰি কৰিবলৈ গৈ
চৰকাৰে বিভিন্ন ভাত্তাৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বপৰা
নাই। সেয়ে ভাত্তা সম্পৰ্কীয় বিষয়লৈ কৰ্মচাৰীসকল অসন্তুষ্ট। ফলত বিষয়টো
চালিজাৰি চোৱাৰ কাৰণে সচিব পর্যায়ৰ কমিটি
গঠন
কৰা হ’ব আৰু সেই প্রতিবেদন প্রকাশ হোৱাৰ আগলৈকে
পুৰণি নিৰিখতে ভাত্তা দিয়া হ’ব। নতুন দৰমহা চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা
কাৰ্যকৰী হ’ব আৰু চলিত বৰ্ষতে সকলো বকেয়া ধন আদায় দিয়া
হ’ব। কিন্তু কেতিয়া কেই কিস্তিত এই বকেয়া আদায় দিয়া হ’ব সেয়া এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। নতুন নিৰিখ অনুসৰি
কেন্দ্ৰীয় কৰ্মচাৰীৰ নূন্যতম দৰমহা ৭০০০ টকাৰ পৰা ১৮০০০ টকালৈ বৃদ্ধি কৰা হৈছে।
সৰ্বাধিক মাহিলি দৰমহা নিৰ্দ্ধাৰণ কৰা হৈছে ২.৫০ লাখ টকা। এই সর্বোচ্চ দৰমহা লাভ
কৰিব কেবিনেট সচিবে। কেবিনেট সচিবৰ পূৰ্বৰ দৰমহা আছিল ৯০ হাজাৰ টকা।
দৰমহা
আয়োগে বিভিন্ন ক্ষেত্ৰত বহু কেইটা পৰিৱৰ্ত্তন সাধিছে। ‘মেডিকেল লিভ’ৰ ক্ষেত্ৰতো পৰিৱৰ্ত্তন সাধন কৰা হৈছে। এই
পৰিৱৰ্ত্তন অনুসৰি বেমাৰ-আজাৰৰ ছুটীত কৰ্মচাৰীসকলে পূৰ্ণ দৰমহা লাভ কৰিব। ‘ইচপিটাল লিভ’,
বিশেষ প্রতিবন্ধী লিভ আৰু ‘চিক লিভ’
মিলাই নতুন ঠাঁচ তৈয়াৰ কৰা হৈছে।
ইয়াক ‘ৱৰ্ক ৰিলেটেড ইলনেচ’ আৰু ‘ইনজুৰি'
নামেৰে নামকৰণ কৰা হৈছে। গৃহ
নিৰ্মাণৰ আগধনৰ ক্ষেত্ৰতো বিশেষ সুবিধা প্ৰদান কৰা হৈছে। পূৰ্বৰ ৭ লাখৰ ঠাইত
এতিয়া কৰ্মচাৰীসকলে ২৫ লাখ টকালৈকে আগধন পাব। ইয়াৰ বাহিৰেও মেডিকেল, বদলি,
চৰকাৰী ভ্ৰমণ বানচ আৰু এল টি
চিৰ কাৰণে আগধন দিয়াৰ ব্যৱস্থা কৰা হৈছে। গ্রেচুইটিৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰা
হৈছে। পূৰ্বৰ ১০ লাখৰ ঠাইত এতিয়া ২০ লাখ টকা গ্রেচুইটি লাভ কৰিব। স্মর্তব্য যে, মৰগীয়া বানচ ৫০ শতাংশ হ’লে
গ্রেচুইটি লাভ কৰিব ২৫ লাখ টকা। অসামৰিক আৰু প্ৰতিৰক্ষা বাহিনীত কৰ্মৰত কৰ্মীসকলে
১০-২০ লাখৰ পৰা ২৫-৪৫ লাখ টকালৈকে এককালীন সাহায্য লাভ কৰিব। নতুন নিৰিখত দৰমহা
দিয়াৰ বাবে চৰকাৰী ৰাজকোষৰপৰা অতিৰিক্ত খৰচ হ’ব
১.০২ লাখ কোটি টকা। কৰ্মচাৰীৰ দৰমহা বাবে চৰকাৰে ২০১৬-১৭ বৰ্ষৰ কাৰণে ৭০ হাজাৰ
কোটি টকাৰ ব্যৱস্থা কৰিছে। ইয়াতকৈ অধিক দৰমহা বৃদ্ধি কৰিলে উন্নয়নৰ কাৰণে বাদ্ধ
কৰা টকা হ্ৰাস কৰিব লাগিব বুলি বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে মন্তব্য কৰিছে।
অর্থনীতিবিদসকলৰ
মতে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ফলত যোগান বাঢ়িব আৰু ইয়াৰ ফলত গাড়ী-মটৰ আৰু
ভোগ্যপণ্যৰ মূল্য বৃদ্ধি পাব। ইয়াৰ কিছু পৰিমাণে প্ৰভাৱ শিল্প-কাৰখানাৰ ওপৰতো
পৰিব। কাৰণ মূল্যবৃদ্ধি হ’লে ৰিজাৰ্ভ বেংকে সূদৰ হাৰ হ্ৰাস কৰাটো কঠিন হ’ব। অৰুণ জেটলিয়ে এই সন্দৰ্ভত যুক্তি দাঙি ধৰিছে যে, মানুহৰ হাতত টকা আহিলে বস্তুৰ চাহিদা বৃদ্ধি পাব আৰু সেই
অনুপাতে উৎপাদনো বৃদ্ধি পাব। দেশৰ অৰ্থনীতিত চাপ কমিব। সঞ্চয় বৃদ্ধি পাব। দেশৰ
সৰ্বত্ৰ এতিয়া মূল্যবৃদ্ধিৰ চাপে সর্বসাধাৰণক কোঙা কৰি পেলাইছে। এনেকুৱা সময়ত
ভাল বৰষুণ আৰু কৰ্মচাৰীসকলৰ
দৰমহা
বৃদ্ধিৰ কান্ধত ভৰ কৰি চৰকাৰে আৰ্থিক বৃদ্ধিৰ হাৰ বঢ়োৱাৰ আশা কৰি আছে। এই মন্তব্য
অর্থনীতিবিদসকলৰ। ইতিমধ্যে শ্বেয়াৰ বজাৰত দৰমহা বৃদ্ধিৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ
কৰিছেই। সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন কেবিনেটে গ্ৰহণ কৰাৰ পাছতে শ্বেয়াৰ বজাৰত
আশাব্যঞ্জক পৰিস্থিতি সৃষ্টি হৈছে। ইতিমধ্যেই মুম্বাইৰ ষ্টক বজাৰত অট’মোবাইল আৰু খুচুৰা খণ্ডৰ কোম্পানীৰ শ্বেয়াৰ মূল্য
উর্দ্ধগামী হৈছে।
কেন্দ্ৰীয়
কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ লগে লগে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকল আশাবাদী হৈ উঠিছে।
অসমত ইতিমধ্যে ষষ্ঠ দৰ্মহা আয়োগ গঠন কৰা হৈছে আৰু সদৌ অসম কৰ্মচাৰী পৰিষদকে আদি
কৰি বিভিন্ন কর্মচাৰী সংগঠনে আয়োগৰ ওচৰত নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰিছে।
ইতিমধ্যে সেই প্রতিবেদনৰ ওপৰত শুনানিও হৈ গৈছে। জানিব পৰা মতে ৰাজ্যিক
কৰ্মচাৰীসকলে কেন্দ্ৰীয় কৰ্মচাৰীৰ সমহাৰত দৰমহা দাবী কৰিছে আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ
নিৰিখতে দৰমহা পাব বুলি আশা পালি আছে। অহা ৯ তাৰিখৰ পৰা ১১ তাৰিখলৈ তিনিদিনীয়া
কাৰ্যসূচীৰে বঙ্গাইগাঁৱত সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধিবেশন অনষ্ঠিত হ'ব। উক্ত অধিবেশনতে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলে ১০
জুলাইত দৰমহা সংক্রান্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
১১ জুলাইত উক্ত অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হ’ব
আৰু উক্ত সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।
মুখ্যমন্ত্রী মহোদয়ক সিদিনাই কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াই তেওঁলোকৰ সেই
সিদ্ধান্তৰ কথা জনোৱাৰ সম্ভাৱনা আছে আৰু মুখ্যমন্ত্ৰীৰপৰা দৰমহা সংক্রান্তত
ইতিবাচক সঁহাৰি পাব বুলি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াই আশাৰে বাট চাই আছে। ইয়াৰ
ফলত আনুমানিক পাঁচ লাখ কৰ্মচাৰী লাভান্বিত হ’ব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয়
কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ পাছত ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'লে সৰ্বসাধাৰণৰ ওপৰত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰিব পাৰে সেই
বিষয়ে সচেতন মহলৰ মাজত ইতিমধ্যে চিন্তা-চৰ্চা আৰম্ভ হৈছে। ক্রয় ক্ষমতাৰ ওপৰত
ভিত্তি কৰি মানুহৰ আৰ্থিক সংগতি নির্ণয় কৰা হয়। ২০১৪ চনৰ ৫ মে'ত ক্রয় ক্ষমতাৰ ওপৰত ভিত্তি কৰি বিশ্ব বেংকে এখন
প্রতিবেদন প্রস্তুতকৰিছিল। সেই প্রতিবেদন অনুসৰি সমগ্ৰ বিশ্বত দৰিদ্ৰ সীমা ৰেখাৰ
তলত বাস কৰা মানুহৰ সংখ্যা আছিল ৮৭২.৩ মিলিয়ন। সমগ্ৰ বিশ্বৰ দৰিদ্ৰ সীমাৰেখাৰ তলত
বাস কৰা মুঠ জনসংখ্যাৰ ১৭.৫ শতাংশ অর্থাৎ ১৭৯.৬ মিলিয়ন মানুহ বাস কৰে ভাৰতত৷ ২০১১
চনত ভাৰতত দৰিদ্র সীমা ৰেখাৰ তলত বাস কৰা মানুহৰ সংখ্যা আছিল ২০.৬ শতাংশ। ২০১৪ চনত
ভাৰতৰ মুঠ জনসংখ্যাৰ ৫৮ শতাংশ মানুহৰ দৈনিক আয় আছিল ৩.১০ মার্কিন ডলাৰ। অসমৰ
ক্ষেত্ৰত এই অৱস্থা আৰু পুতৌজনক। পৰিকল্পনা আয়োগে ২০১১- ১২ চনত প্ৰস্তুত কৰা তথ্য
অনুসৰি অসমৰ ১০১.২৭ লাখ অথবা ১.০১ কোটি মানুহ দৰিদ্র সীমা ৰেখাৰ তলত বাস কৰে।
অৰ্থাৎ শতকৰা হিচাপত ৩১.৯৮ শতাংশ। ২০১১-১২ চনৰ ‘ষ্টেট
স্পেচিফিক্ প্রভাৰটি লাইন’ৰ তথ্য অনুসৰি অসমৰ গ্ৰাম্যাঞ্চলৰ মানুহৰ
মাহিলী জনমূৰি আয় ৮২৮ টকা আৰু চহৰাঞ্চলৰ মানুহৰ ১০০৮ টকা। এক তথ্য অনুসৰি
গ্ৰাম্যাঞ্চলত ৩৩.৮৯ শতাংশ (৯২.০৬ লাখ) আৰু চহৰাঞ্চলত ২০.৪৯ শতাংশ (৯.২১ লাখ)
মানুহ দৰিদ্ৰ সীমা ৰেখাৰ লগত বাস কৰি আছে। গৰাখহনীয়া আৰু বানপানীৰ ফলত এই সংখ্যা
বছৰে বছৰে বৃদ্ধি পাই আহিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত
কৰ্মচাৰীসকলৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহৰ ক্ৰয় ক্ষমতা ইতিমধ্যে
অভাৱনীয়ৰূপে হ্রাস পাইছে। বজাৰ কৰিবলৈ গৈ খালী মোনালৈ উভতি অহাৰ দৰে ঘটনাও ঘটিছে।
নতুন চৰকাৰ অহাৰ পাছত আটায়ে আশা কৰিছিল যে,
আন নহ'লেও নিত্যপ্রয়োজনীয় বস্তুৰ মূল্য কমিব; কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হৈ উঠা নাই। ইফালে দৰমহা
বৃদ্ধি পালে নিত্যপ্রয়োজনীয় সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।
দৰমহা বৃদ্ধিৰ ফলত কৰ্মচাৰীসকল সেই মূল্যবৃদ্ধিৰ মোকাবিলা কৰিব পাৰিলেও সৰ্বসাধাৰণ
ৰাইজ তথা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ দৰমহা যেহেতু বৃদ্ধি নাপায় গতিকে তেওঁলোকৰ
ক্রয় ক্ষমতা পূৰ্বতকৈও অধোগামী হ’ব বুলি আশংকা কৰি সৰ্বসাধাৰণ ৰাইজ তথা
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকল শংকিত হৈ উঠিছে।
(জনসাধাৰণ- ০৩-০৭-১৬)
প্ৰসংগঃ বাংলাদেশৰ সন্ত্ৰাসবাদী আক্ৰমণ
বাংলাদেশৰ
গুলশান এলেকাৰ অভিজাত হোটেল হলি আর্টিজান ৰেস্তোৰাঁত সংঘটিত হোৱা হত্যাকাণ্ডত
সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত ৰেস্তোৰাঁখনত
দেশ-বিদেশৰ বহুকেইজন সভ্রান্ত অতিথি উপস্থিত আছিল। হঠাৎ তৰোৱাল আৰু আগ্নেয়াস্ত্ৰ
লৈ নিশা ৮-৪৫ মান বজাত সাতজন সন্ত্রাসবাদী ৰেস্তোৰাঁখনত সোমাই পৰে। লগে লগে
বাংলাদেশ ‘ৰেপিড একচন ফোর্চ’ চমুকৈ ‘বাব’
বাহিনী ঘটনাস্থলীলৈ দৌৰি আহে।
সন্ত্রাসবাদীসকলে তেতিয়া নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বোমা নিক্ষেপ কৰে।
প্ৰতিৰোধ গঢ়ি তোলাৰ আগতেই অতর্কিতে কৰা এই বোমা আক্ৰমণত দুজন নিৰাপত্তা ৰক্ষীৰ
বিষয়া মৃত্যুমুখত পৰে। ইয়াৰ পাছতে আৰম্ভ হয় উত্তেজনা উৎকণ্ঠা। ইয়াৰ মাজতে চলে
কমাণ্ডো বাহিনীৰ আক্ৰমণৰ প্রস্তুতি। ৰেস্তোৰাঁখনৰ কাষতে অৱস্থিত গুলশানৰ ৭৮ নং ঘৰত
আৰক্ষী মহা পৰিদৰ্শক (আই জি পি) এ,
কে, শহিদুল ইচলাম সমন্বিতে বিভিন্ন বাহিনীৰবিষয়াসকল মিলিত হৈ
বৈঠক আৰম্ভ কৰে আৰু পুঁৱতি নিশা তিনিবজাৰ পাছত অভিযান পৰিচালনা কৰিবলৈ প্ৰস্তুত
হয়। দোক-মোকালি সেনা বাহিনীৰ আঠোটা সশস্ত্র যান ঘঠনাস্থলীত উপস্থিত হৈ সমগ্র
এলেকা নিয়ন্ত্রণলৈ নিয়ে আৰু অভিযানকাৰী দলে ৭৫, ৭৬, ৭৮,
৭৯ আৰু ৮০ নম্বৰ ৰাস্তাসহ ৰেস্তোৰাঁখনৰ
চাৰিওফালে অৱস্থান গ্রহণ কৰে। ৰেস্তোৰাঁখনৰ কাষতে আছিল ইতালি, কুৱেত,
আৰু ৰাচিয়াৰ দূতাবাস। ফলত
এই অভিযানক কেন্দ্ৰ কৰি সকলো ৰাস্তা-ঘাট বন্ধ কৰি দিয়া হয়। ইয়াৰ পাছত আৰম্ভ হয়
স্বাসৰুদ্ধকাৰী অভিযান।
নিশা
১-৩০ বজাত যুক্তৰাষ্ট্রভিত্তিক ছাইট ইণ্টালিজেঞ্চ ব্রাঞ্চে এক টুইট বাৰ্ত্তাযোগে
জনায় যে, আইছিছে ঢাকাৰ এখন ৰেস্তোৰাঁত দেশী-বিদেশী বহু
নাগৰিকক পণবন্দী কৰি ৰাখিছে। ইয়াৰ পাছত ৰেস্তোৰাঁৰ ভিতৰৰপৰা আঠ নজন নিহতৰ
ৰক্তাক্ত ছবি প্ৰকাশ কৰে আৰু আক্ৰমণত ২৪ জন নাগৰিক নিহত হোৱা বুলি দাবী কৰে। ছাইট
ইন্টালিজেন্স ব্ৰান্সৰ টুইটাৰত পুৱা ৪ বজাত সেইবোৰ ছবি প্রকাশ কৰা হয়। ঢাকা
মহানগৰ কাউণ্টাৰ টেৰিজিম ইউনিটৰ অতিৰিক্ত কমিচনাৰ মণিৰুল ইছলামৰ লগতে অন্যান্য
কর্মকর্তাসকলে ধৰণা কৰিছে যে,
সন্ত্ৰাসবাদীসকলে
সমন্বয়ৰক্ষীসকলৰ লগত ফোনত কথা পতা নাই। সিহঁতে ইণ্টাৰনেটৰ কোনোবা এপ্লিকেচন
ব্যৱহাৰ কৰিছিল আৰু সেই এপ্লিকেচন ব্যৱহাৰ কৰিয়ে ছবিও পঠাইছিল।
ৰাতিপুৱা
৭-৪০ বজাত টেংকাৰৰ সহায়ত ৰেস্তাৰাঁখনৰ দেৱাল ভাঙি কমাণ্ডে৷সকল ৰেস্তোৰাঁৰ ভিতৰত
সোমাই পৰে আৰু লগে লগে শ্বাসৰুদ্ধকাৰী অপাৰেশ্বন থাণ্ডাৰবোল্ট আৰম্ভ কৰে। প্রচণ্ড
গুলীয়া-গুলীৰ শব্দত সমগ্র অঞ্চল প্রকম্পিত হৈ উঠে আৰু মাথোন ১৩ মিনটৰ ভিতৰত
কমাণ্ডোসকলে ছজন সন্ত্রাসবাদীক হত্যা কৰাৰ লগতে এজনক জীৱন্তে কৰায়ত্ত কৰে।
কমাণ্ডোসকলে ১৩ জন পণবন্দীক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে ২০ জনৰ মৃতদেহ উদ্ধাৰ
কৰে। নিহতসকলৰ ভিতৰত এজন ভাৰতীয়,
৭ জাপানী, ৯ জন ইতালীয় আৰু ৩ জন বাংলাদেশী নাগৰিক আছিল। পঞ্চাশ
মিনিটৰ শ্বাসৰুদ্ধকাৰী অভিযানৰ অভিযান সফল হোৱা বুলি ঘোষণা কৰা হয়। ঘটনাস্থলীৰপৰা
সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰা পিস্ত’ল,
পয়েণ্ট ২২ ৰাইফল, হাতে তৈয়াৰী গ্রেনেড আৰু বহু দেশীয় চোকা অস্ত্রশস্ত্র
উদ্ধাৰ কৰে কমাণ্ডোসকলে।
আক্ৰমণৰ
লক্ষ্য আছিল মাথোন বিদেশী তথা অমুছলমান নাগৰিক। কাৰণ পণবন্দীসকলক ছুৰা ক’বলৈ দিয়া হৈছিল আৰু যিসকলে ছুৰা ক’ব পাৰিছিল সিহঁতক এৰি দিয়া হৈছিল। ইয়াৰদ্বাৰা
সন্ত্ৰাসবাদীসকলে পতিপন্ন কৰিবলৈ বিচাৰিল যে,
সিহঁত অমুছলমানৰহে শত্ৰু, মুছলমানৰ নহয়। ইয়াৰপৰা এই আক্ৰমণৰ আঁৰত মৌলবাদীৰ হাত
থকাটো স্পষ্ট হৈ পৰিছে। এই প্রতিবেদন যুগুতাই থকাৰ সময়তে বাংলাদেশৰ কিশোৰগঞ্জ
জিলাৰ
চোলাকিয়াৰ
ঈদ্গাহৰ পৰা এক কিলোমিটাৰ আঁতৰত ঈদ নামাজৰ আগমুহূৰ্তত আন এক সন্ত্রাসী আক্রমণ
সংঘটিত হৈ গ'ল। সেই ঘটনাত এজন নাগৰিক ও নিৰাপত্তা ৰক্ষী
নিহত হোৱাৰ লগতে আন ১০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মুছলমান সম্প্ৰদায়ৰ
পবিত্র ঈদৰ দিনা যিসকলে বৰ্বৰ নৰহত্যা সংঘটিত কৰিব পাৰে সিহঁত কেতিয়াও মুছলমানৰ
বন্ধু হ’ব নোৱাৰে। এওঁলোক প্ৰকৃতাৰ্থত মানৱতাৰ শত্ৰু
আৰু ইছলাম ধৰ্মৰ কলংকহে।
সন্ত্রাসবাদীসকলৰ
বয়স আছিল ২০ ৰপৰা ২৮ বছৰৰ ভিতৰত। ইতিমধ্যে সন্ত্রাসবাদীকেইজনৰ পৰিচয় উদ্ধাৰ কৰা
হৈছে। ৰ্যাবৰ মহাপরিচালকে জনাইছে যে,
আটাইকেইজনে সম্ভ্রান্ত
পৰিয়ালৰ সন্তান। ইয়াৰে এজন তবলীগৰ চিল্লাত যোৱাৰ কথা কৈ ঘৰৰপৰা ওলাই গৈছিল।
আন্তর্জাতিক সন্ত্রাসবাদী সংগঠন আইছিছে সন্ত্রাসবাদীসকল সিহঁতৰ সদস্য বুলি দাবী
কৰিছে। কিন্তু বাংলাদেশৰ গৃহমন্ত্রী আসাদুজ্জামান খানে এই দাবী নাকচ কৰিছে। তেওঁ
সাংবাদিকসকলক জনাইছে যে, এওঁলোক আটায়ে বাংলাদেশী, এই দেশতে ডাঙৰ-দীঘল হৈছে। দেশৰ মানুহৰ পৰামৰ্শতেই ইহঁতে
কাম কৰি আছে। বিদেশীৰ লগত ইহঁতৰ পৰিচয় আছিল বুলি ধাৰণা নহয়। আৱামী লীগৰ এজন
নেতাৰ ল’ৰা আক্ৰমণৰ লগত জড়িত থকা প্ৰসংগত
সাংবাদিকসকলে জানিব খুজিলে কৈছে,
‘ইহঁতৰ আটায়েৰে বংগদেশত
অৱস্থান আছে। আটায়েৰে বাংলাদেশত মাক-দেউতাক আছে। মাক-দেউতাকসকল সন্ত্রাসী নহয়, এইটো নিশ্চিত। ইহঁতক মাক-দেউতাকহঁতে বিচাৰি আছিল। ইহঁত যে
সন্ত্রাসী সংগঠনত জড়িত হৈ আছিল মাক-দেউতাকহঁতে সেয়া জনা নাছিল। এতিয়াহে
জানিব পাৰিছে।' প্ৰকৃতাৰ্থত এওঁলোক বাংলাদেশী হ’লেও সিহঁত যে আইছিছ বা তেনে কোনো সন্ত্রাসী সংগঠনৰ দ্বাৰা
পৰিচালিত ইয়াত সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ পৰা এষাৰ কথাও স্পষ্ট হৈ পৰিছে যে
ইতিমধ্যে সন্ত্রাসী সংগঠনৰ নেট সৃষ্টি হৈছে আৰু সমগ্র বিশ্বত স্থিতি সুদৃঢ় কৰিবলৈ
তৎপৰ হৈ উঠিছে।
বাংলাদেশৰ
প্ৰধান মন্ত্রী শ্বেখ হাছিনাৰ ৰাজনৈতিক পৰামৰ্শদাতা হোছেইন তৌফিক ইমামে ৰবিবাৰে
সাংবাদিকসকলক জানিবলৈ দিছে যে, ভাৰতত সন্ত্রাসী কার্য-কলাপ চলোৱা পাকিস্তানীয়ে
এই আক্রমণ সংঘটিত কৰিছে। শুক্রবাৰ দিনা হলি আর্টিজেন ৰেস্তোৰাঁত এজন ভাৰতীয়
তাৰিষী জৈনসহ ২০ জন মানুহৰ হত্যাত পাকিস্তানৰ অনুসন্ধানকাৰী সংস্থা আই এছ আই জড়িত
থকা বুলি প্ৰমাণ পোৱা গৈছে। সিহঁতে ইয়াৰ কাৰণে স্থানীয় সন্ত্রাসবাদী সংগঠন
জামাতুল মুজাহিদীনক ব্যৱহাৰ কৰিছে। তেওঁ আৰু দাবী কৰিছে যে, আমাৰ চৰকাৰক সিহঁতে অস্থিৰ কৰি ৰাখিব বিচাৰিছে। বাংলাদেশৰ
গৃহমন্ত্রী আসাদুজ্জামান খানে কৈছে যে,
আমাৰ দেশত আইছিছ বা আল
কায়দাৰ কোনো অস্তিত্ব নাই। ইয়াৰ লগত জামাতুল মুজাহিদীন জড়িত। তৌফিক ইমামৰ কথাৰ
যুক্তিও আছে। কাৰণ ইয়াৰ আগতেও জামাতুল মুজাহিদিনে বহু কেইটা সন্ত্রাসী কার্য
সংঘটিত কৰিছে বাংলাদেশত।
গুলশানৰ
সন্ত্রাসী আক্ৰমণত জাপানৰ ৭ জন নাগৰিক নিহত হৈছে। তাৰ বাবে জাপানৰ প্ৰধান মন্ত্রী
সাইজী কিহাৰাই বাংলাদেশৰ প্ৰধান মন্ত্রী শ্বেখ
হাছিনাক
সাক্ষাৎ কৰিবলৈ আহিছিল। সেই সাক্ষাৰ সময়ত শ্বেখ হাছিনাই সাইজী কিহাৰাক জানিবলৈ
দিছে যে, সন্ত্রাসীসকলক কোনে অস্ত্র-শস্ত্র যোগান ধৰিছে
ইয়াৰ সন্ধানৰ বাবে চেষ্টা কৰি আছে। আমি সন্ত্রাসীসকলক মূলৰপৰা উৎপাটন কৰিবলৈ দৃঢ়
প্রতিজ্ঞ।
ইতিমধ্যে
বিভিন্ন প্ৰচাৰ মাধ্যম যোগে প্ৰচাৰ হোৱা তথ্যৰ পৰা এষাৰ কথা স্পষ্ট হৈ পৰিছে যে, কোমলমতীয়া কিছুমান যুৱকক বেহেস্তৰ লোভ দেখুৱাই
সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট কৰা হয় আৰু আল কোরআন হাদিছৰ অপব্যাখ্যা কৰি সেইসকল
যুৱকৰ ‘ব্লেইন ৱাশ’ কৰি
প্ৰয়োজনত মৃত্যুৰ বাবেও প্রস্তুত কৰি তোলা হয়। সেয়ে এই বিষয়ে জনসাধাৰণক সচেতন
কৰাৰ কাৰণে বাংলাদেশত সন্ত্রাসবাদ বিৰোধী এক স্বাক্ষৰ অভিযান চলোৱা হৈছিল। সেই
স্বাক্ষৰ অভিযানত এক লাখ মুফতি,
আলেম-ওলেমাই স্বাক্ষৰ কৰিছে
আৰু ইয়াৰ আধাৰত মানৱ কল্যাণৰ হকে শান্তিৰ ফতোয়া প্ৰকাশ কৰিছে। বাংলাদেশৰ
জমিয়াতুল উলেমাৰ চেয়াৰমেন আল্লামা ফৰিদ উদ্দিন মচউদে ফতোয়াৰ প্ৰেক্ষাপট আৰু
উদ্যোগ সম্পর্কে কৈছে যে,
কিছু দুস্কৃতিকাৰীয়ে নিজৰ
হীনস্বার্থ চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে মহান আল কোরআন আৰু হাদিছৰ অপব্যাখ্যা কৰি
ইছলামৰ নামত বিভিন্ন স্থানত সন্ত্রাস আৰু আতংক বিয়পাই আছে। তেওঁ কৈছে, ইছলামত সন্ত্ৰাস আৰু সন্ত্রাসবাদ হাৰাম (নিষিদ্ধ)। ইছলামৰ
নামত সন্ত্রাসবাদীসকলে বেহেস্তৰ গোন্ধও নাপাব। আত্মঘাতী ও আত্মহত্যাকাৰীৰ জানাজা
পঢ়াও নিষেধ আছে ইছলামত। স্মর্তব্য যে,
এই স্বাক্ষৰ অভিযানৰ পাছতে
বাংলাদেশত ইছলামৰ নামত এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰা ঔহছে। এইসকল সন্ত্রাসবাদী
যে ইছলামৰ কলংক ইয়াত কাৰো দ্বিমত থকাৰ কথা নহয়।
স্বাভাৱিকতে
বাংলাদেশত সন্ত্রাসী আক্রমণ সংঘটিত হোৱাৰ পাছতে ভৰতবৰ্ষত নিৰাপত্তা ব্যৱস্থা কট্কটীয়া
কৰি তোলা হৈছে। ইফালে বাংলাদেশৰ নিৰাপত্তা বিশ্লেষক তথা প্ৰাক্তন নির্বাচন কমিচনাৰ
ব্রিগেডিয়াৰ সাখাওয়াত হুছেইনে কৈছে যে,
বাংলাদেশৰপৰা দেড়শৰ পৰা দুশ
যুৱক নিৰুদ্দেশ হৈ আছে আৰু সিহঁত মধ্য-প্রাচ্যৰ বিভিন্ন দেশত অৱস্থান গ্ৰহণ কৰি
আছে। সেইসকল যুৱক সীমামূৰীয়া ৰাষ্ট্ৰ ভাৰতবৰ্ষতো যে অৱস্থান গ্রহণ কৰা নাই তাক
কোনেও
ডাঠি ক’ব নোৱাৰে। ইয়াৰে পাঁচজন ইতিমধ্যে দক্ষিণ গাৰো
পাহাৰেৰে অসমত সোমাইছে বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ হৈ আছে।
ভাৰত
বাংলাদেশৰ মুঠ সীমা দৈর্ঘ ৪০৪৬ কিলোমিটাৰ। অসমৰ লগত এই সীমা ২৭০ কিলোমিটাৰ।
(ইয়াৰে ১০৩ কিলোমিটাৰ পানী)। পশ্চিম বংগৰ লগত এই সীমাৰ দৈৰ্ঘ ২১৮৮ কিলোমিটাৰ (৩৫৫
কিঃ মিঃ পানী), ত্ৰিপুৰাৰ লগত ৮৬১ কিলোমিটাৰ (৮৩ কিঃমিঃ পানী), মেঘালয়ৰ লগত ৪২১ কিলোমিটাৰ, মিজোৰামৰ
লগত ৩০৬ কিলোমিটাৰ (৪৬ কিঃমিঃ পানী)। ইয়াৰে বহু এলেকা পানীৰ ঝৰণে উন্মুক্ত হৈ
আছে। সেয়ে একমাত্ৰ নিৰাপত্তা বাহিনীৰ ওপৰত মাথোন নিৰ্ভৰ কৰি থাকিলেই নহ’ব,
আমাৰ সৰ্বসাধাৰণ ৰাইজৰো
দায়িত্ব আছে এই ক্ষেত্ৰত। আমাৰ মাজত কোনো সন্দেহজনক নাগৰিকৰ উপস্থিতি দেখিলে লগে
লগে আৰক্ষীক অৱগত কৰিব লাগিব। আমাৰ মাজৰ পৰা কোনো যুৱক হঠাৎ সন্দেহজনকভাবে
নিৰুদ্দেশ হ'লে তৎক্ষণাৎ আৰক্ষীক অৱগত কৰাৰ ব্যৱস্থা কৰিব
লাগিব। নিজৰ সন্তানটোকো যদি সন্দেহজনক আচৰণ কৰা দেখা যায় লগে লগে অনুসন্ধান কৰি
সমূচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সচেনতাৰ মাজতে আমাৰ কল্যাণ নিহিত হৈ
আছে।
(জনসাধাৰণ-০৭-০৭-১৬)
সম নাগৰিক অধিকাৰ আইন ৷
দেশৰ
সকলো নাগৰিকৰ কাৰণে সমান নাগৰিক আইন (ইউনিফর্ম চিভিল কোড) প্রণয়ন সন্দৰ্ভত বিধি
আয়োগে বিচাৰ-বিবেচনা কৰিবলৈ আৰম্ভ কৰিছে। সমান নাগৰিক আইনৰ অৰ্থ হৈছে, সকলো নাগৰিকৰ কাৰণে সমান আইন। সমান নাগৰিক আইন এক
ধৰ্মনিৰপেক্ষ আইন, যি সকলো ধৰ্ম তথা জাতি-গোষ্ঠীৰ মানুহৰ কাৰণে
সমানে প্রযোজ্য। ই সকলো ধৰ্ম তথা জাতিৰ আইনৰ উৰ্দ্ধত। এনেকুৱা আইন এতিয়ালৈকে
ভাৰতবৰ্ষত প্ৰচলিত হোৱা নাই। ভাৰতত বহু আইন ধৰ্মৰ আধাৰত নিৰ্দ্ধাৰণ কৰা হৈছে।
হিন্দু, বৌদ্ধ,
শিখ, জৈন,
পাৰ্চী আদি ধর্মীয়
সম্প্রদায় হিন্দু বিধিৰ অন্তৰ্গত। মুছলিম আৰু খ্ৰীষ্টানৰ কাৰণে নিজা নিজা
ব্যক্তিগত আইন (পাৰ্ছনেল ল’)
আছে। মুছলিম পাৰ্চনেল ল’ চৰিয়ৰ ওপৰত আধাৰিত আৰু অন্যান্য ধর্মীয় সম্প্ৰদায়ৰ কাৰণে
প্রযোজ্য ব্যক্তিগত আইন ভাৰতীয় সংসদৰ সংবিধানৰ ওপৰত আধাৰিত। ১৭৭২ চনত লৰ্ড ওৱাৰেন
হেষ্টিংচে উপলব্ধি কৰিছিল যে,
ইউৰোপীয়ান কমন আইন
ভাৰতবৰ্ষত প্রযোজ্য নহ'ব,
সেয়ে তেওঁ হিন্দু-মুছলমান
উভয় সম্প্ৰদায়ৰ ধৰ্মীয় গ্রন্থৰ আধাৰত আইন ব্যৱস্থা পৰিচালিত হোৱাটো বিচাৰিছিল। সেয়ে
তেওঁ হিন্দু-মুছলমানৰ কাৰণে বেলেগ বেলেগ পাৰ্ছনেল ল’ৰ
পোষকতা কৰিছিল। কাৰণ ব্ৰিটিচে হিন্দু-মুছলমানৰ ব্যক্তিগত আইনৰ ওপৰত হস্তক্ষেপ কৰিব
বিচৰা নাছিল। ১৮৪০ চনত ‘লেক্সল’চি’ৰ প্ৰতিবেদনত অপৰাধ, সাক্ষ্য-প্রমাণ,
চুক্তি আদিৰ ক্ষেত্ৰত সম
নাগৰিক আইন প্ৰয়োগৰ পোষকতা কৰিছিল আৰু ধৰ্ম সংক্রান্তীয় বিষয়বোৰ অপৰাধ
সংক্রান্তীয় আইনৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিছিল। ধর্মীয় সম্প্রদায়বিলাক
ধর্মীয় গ্রন্থ আৰু আচাৰ-ৰীতিৰ দ্বাৰা অৰ্থাৎ পাৰ্ছনেল আইনৰ্দ্ধাৰা পৰিচালিত হ’ব লাগে বুলি তেওঁ পৰামৰ্শ দিছিল। (স্মতব্য যে, ছশ বছৰীয়া মুছলিম শাসনকালত হিন্দুৰ কাৰণে কোনো ধৰণৰ
পাৰ্ছনেল আইন প্রণয়ন কৰা হোৱা নাছিল।) প্ৰাক্স্বাধীনতা আৰু স্বাধীনোত্তৰ কালত
মহিলাৰ বিৰুদ্ধে সংঘটিত নির্যাতন আৰু বৈষম্য আঁতৰ কৰাৰ কাৰণে সেই ঔপনিৱেশিক আইন
মাজে সময়ে কিছু কিছু সংশোধন কৰা হৈছে।
১৯৩৩
চনত লক্ষ্মী মেননে সৰ্বভাৰতীয় মহিলা আয়োগৰ এখন সন্মিলনত ঘোৰতৰ অভিযোগ উত্থাপন
কৰিছিল। তেওঁ ভাষণত কৈছিল——
যদি আমি বিচ্ছেদ বিচাৰো
তেনেহ'লে নিজকে অমুছলিম বুলি পৰিচয় দিয়াৰ লগতে
হিন্দু আইনৰ দ্বাৰা পৰিচালিত নহয় বুলি ঘোষণা কৰিব লাগে। বিধান সভাৰ সদস্যসকলে
মহিলাৰ কাৰণে লাভদায়ক খৰতকীয়া পৰিৱৰ্ত্তনত সহায় নকৰে। সেয়ে পাৰ্চনেল ল’ৰ পৰিৱৰ্ত্তে সমান নাগৰিক আইন প্রণয়ন হ’ব লাগে।'
তেওঁৰ এই প্ৰস্তাৱৰ পাছতে
কৰাছী অধিবেশনত কংগ্ৰেছে লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে প্ৰস্তাৱ পাছ কৰিছিল। ইয়াৰ
পাছৰ পৰ্যায়ত স্বাধীনোত্তৰ কালত ১৯৪৭ চনৰপৰা ১৯৫৬ চনলৈ হিন্দু বিবাহ আইন, চাক্সেচন এ”,
অভিভাৱকত্ব আইন, দত্তক গ্ৰহণ আৰু ভৰণপোষণকে আদি কৰি কে’বাটাও হিন্দু কোড বিল ভাৰতীয় সংসদে পাছ কৰিছিল আৰু লগতে
সম নাগৰিক আইনৰ পোষকতা কৰিছিল। ১৯৮৫ চনৰপৰা অৰ্থাৎ শ্বাহভানু কেচৰপৰা এই সমান
নাগৰিক আইনৰ বিষয়টো সমসাময়িক ৰাজনীতিত বিতর্কিত ইছ্যু হৈ পৰিছে। ২০০৩ চনত
প্ৰয়াত ৰাষ্ট্ৰপতি এ পি জে আবুল কালামেও এই সমান নাগৰিক আইনৰ পোষকতা কৰিছিল। বিগত
বৰ্ষৰ অক্টোবৰ মাহৰপৰা সমান নাগৰিক আইনৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। কাৰণ বিগত
বৰ্ষৰ অক্তোবৰ মাহত এজন খ্ৰীষ্টান নাগৰিকে তালাক অধিনিয়মক প্রত্যাহ্বান জনাই
চুপ্রিম কোর্টত আবেদন কৰিছিল। উক্ত আবেদনত তেওঁ উল্লেখ কৰিছিল
যে, খ্রীষ্টান দম্পত্তিয়ে তালাক ল’বলৈ হ'লে দুবছৰ বেলেগে থকাৰ পাছতহে তালাক ল’ব পাৰে,
কিন্তু আনহাতে হিন্দু আইন
অনুসৰি ছমাহ কৰি মুঠ এবছৰ বেলেগে থাকিলেই তালাক ল’ব
পাৰে। এই সন্দৰ্ভত তিনি তালাক আৰু চাৰি বিবাহৰ বিষয়ো উত্থাপন হৈছিল।
ইয়াৰ
পাছৰপৰা আইনৰ ক্ষেত্ৰত ধৰ্মীয় এই ব্যৱধানৰ ওপৰত চৰ্চা আৰম্ভ হয় আৰু সমান নাগৰিক
আইনৰ দাবী উত্থাপন হ’বলৈ ধৰে। ইয়াৰ ফলত কোৰ্টত জনহিতৰ কাৰণে আবেদন
আহিবলৈ ধৰে আৰু ‘আইন প্রণয়ন কৰাটো চৰকাৰৰ কাম, এই বিষয়ে কোর্টে আদেশ দিব নোৱাৰে’ এইদৰে কৈ কোর্টে বিষয়টোৰ ওপৰত বিচাৰ কৰিবলৈ আপত্তি কৰে।
ইফালে কোনো ব্যাক্তি কোর্টলৈ ন্যায় বিচাৰি আহিলে কোর্টে তাক গুৰুত্ব নিদিয়াকৈও
থাকিব নোৱাৰে। এই ক্ষেত্ৰত তিনি তালাকৰ দ্বাৰা পীড়িতা মহিলাই অধিক কোর্টলৈ আহে।
সেয়ে ২০১৫ চনৰ অক্টোবৰ মাহত চুপ্রিম কোর্টে কেন্দ্ৰীয় চৰকাৰৰ পৰা সমান নাগৰিক
আইনৰ বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ পৰামৰ্শ দিছিল। চুপ্রিম কোর্টৰ নিৰ্দ্দেশৰ পাছতে
কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো বিধি আয়োগলৈ প্ৰেৰণ কৰে। আয়োগৰ সূত্ৰৰ পৰা জনোৱা
মতে, আয়োগে সৰ্বপ্ৰথমে ৰূপৰেখা প্রস্তুতৰ ওপৰত
গুৰুত্বাৰোপ কৰি এই আইনৰ ৰূপৰেখা প্রস্তুতৰ কাম আৰম্ভ কৰিছে। মতামত আৰু ৰিফাৰেন্সৰ
লগতে প্ৰাসগিংক অন্যান্য দস্তাবেজ সংগ্ৰহ কৰি আছে। আদালতৰ সিদ্ধান্তৰ ওপৰত কৰা
মন্তব্য আৰু ৰেফাৰেন্স সংগ্ৰহৰ ওপৰতো গুৰুত্বাৰোপ কৰা হৈছে। অর্থাৎ বিচাৰৰ
আৱেষ্টনীৰ ভিতৰত কোনবোৰ বিষয় স্থান পাব সেয়া বিচাৰ-বিবেচনা কৰি থকা হৈছে। ইয়াৰ
পাছত ‘ওয়েৱ চাইট’ৰ
জৰিয়তে নাগৰিকৰ মতামতো সংগ্ৰহ কৰা হ’ব। ব্যাপক বিচাৰ-বিমৰ্শৰ পাছত আয়োগে
প্রতিবেদন প্রস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিব। অৱশ্যে এইক্ষেত্ৰত কিছু সময়
লাগিব। আয়োগৰ মতে, সমান নাগৰিক আইনক কোনো ধর্ম বিশেষৰ ওপৰত
গুৰুত্ব দি চোৱা উচিত নহয় আৰু আয়োগ এনেকুৱা সন্দৰ্ভলৈ বিচাৰ নকৰে। এয়া সকলো
ধৰ্মৰ কাৰণে সমান আইনৰ বিষয় আৰু পূৰ্বৰেপৰা দেশত এনেকুৱা কিছুমান আইন আছে যি সকলো
ধৰ্মাৱলম্বী মানুহৰ কাৰণে একে।
ইয়াৰ
আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে ভাৰতীয় দণ্ড বিধি আইন (আইপিচি) আৰু অপৰাধ সংক্রান্তীয়
আইন (চিআৰপিচি), যি সকলো নাগৰিকৰ কাৰণে সমানে প্রযোজ্য।
বৰ্তমানৰ এই সমান নাগৰিক আইন দেৱানী আইনৰ লগত সম্পর্কিত। ইয়াত বিবাহ, তালাক,
সম্পত্তিৰ ভাগ-বাটোৱাৰা, ভৰণ- পোষণ আদি সাঙোৰ খাই আছে। এইবোৰ আইন ধৰ্মৰ লগত
সম্পর্কিত। সেয়ে খুবেই সংবেদনশীল। যাৰ বাবে আয়োগ এনেকুৱা দেৱানী আইনৰ ৰেফান্সে
সন্ধান কৰি আছে, যি নেকি সকলো ধৰ্মৰ মানুহৰ কাৰণে সমানে
প্রযোজ্য। সকলো নাগৰিকৰ কাৰণে সমান নাগৰিক আইনৰ কথা সংবিধানৰ অনুচ্ছেদ ৪৪ত উল্লেখ
আছে। এয়া হৈছে নীতি-নিৰ্দ্দেশক সিদ্ধান্ত। ইয়াত সম নাগৰিক আইনৰ আদৰ্শ ও
ব্যৱস্থাপনাৰ কথা উল্লেখ আছে। কিন্তু ইয়াত উল্লেখ কৰা বিষয়বোৰ কাৰ্যকৰী কৰাটো
চৰকাৰৰ কাৰণে অনিবার্য নহয়। সমান নাগৰিক আইনৰ ওপৰত পূৰ্বৰেপৰা আলোচনা হৈ আছে যদিও
ইয়াৰ আগতে কোনো ফলপ্রসূ পদক্ষেপ লোৱা হোৱা নাছিল । ফলত বহুতে এই আইনৰ পোষকতা কৰি
আছে যদিও আজিলৈকে এই আইন প্রযোজ্য হ’ব পৰা নাই। সম্ভৱতঃ স্বাধীনতা প্ৰাপ্তিৰ পাছত এয়াই প্ৰথম প্ৰয়াস, য’ত চৰকাৰ এই বিষয়টো বিধি আয়োগক ন্যস্ত কৰিছে।
ইয়াৰ আগতে বিধি আয়োগে কেতিয়াও এই বিষয়ৰ ওপৰত বেলেগে বিচাৰ কৰি কোনো প্রতিবেদন
দাখিল কৰা নাছিল। অৱশ্যে বিবাহ আইনৰ ক্ষেত্ৰত সংশোধনৰ কাৰণে আয়োগে সময়ে সময়ে
প্রতিবেদন দাখিল কৰিছে আৰু দুই এখন প্রতিবেদনত ৰেফাৰেন্সৰ কাৰণে ইয়াৰ ওপৰত চৰ্চা
হৈছে। কিন্তু এইবাৰ আয়োগে বিশেষভাবে এই বিষয়ৰ ওপৰত বিচাৰ-বিবেচনা কৰি নিজৰ
প্রতিবেদন দাখিল কৰিব। এই ক্ষেত্ৰত শিৱসেনাই মোদী চৰকাৰক কৈছে, বিৰোধীলৈ ভ্ৰুক্ষেপ নকৰাকৈ ফাইল আগবঢ়াই লৈ যাওঁক।
এতিয়ালৈকে
দেশত হিন্দু আৰু মুছলমানৰ কাৰণে বহু ক্ষেত্ৰত বেলেগ বেলেগ আইন প্রচলন হৈ আছে।
মুছলমানসকলৰ কাৰণে চৰিয়তী আইন প্ৰণয়নৰ কাৰণে মুছলিম পাৰ্চনেল ল' বোর্ড আছে। এই পাৰ্চনেল ল’ বোর্ডে
মুছলমানসকলৰ বিবাহ, তালাক,
ভৰণপোষণ আৰু উত্তৰাধিকাৰ
আইনৰ নীতি নিৰ্দ্ধাৰণ কৰে। এই ক্ষেত্ৰত তিনি তালাক বিষয়টো মাজে সময়ে বিতৰ্কৰ
বিষয় হৈ পৰে। কাৰণ তিনি তালাকৰপৰা পুৰুষসকল লাভবান হ’লেও মহিলাসকল ক্ষতিৰ সন্মুখীন হৈ আছে। তিনি তালাক বহু
ক্ষেত্ৰত মহিলাৰ কাৰণে অভিশাপ স্বৰূপো হৈ পৰে। কাৰণ সামান্য দোষতে, কেতিয়াবা আকৌ যৌতুক নাপাই এই তিনি তালাকৰ সুযোগ গ্রহণ কৰি
বহু মহিলাৰ জীৱন দুর্বিষহ কৰি তোলা দেখা যায়। উত্তৰ আৰু পশ্চিম ভাৰতৰ মহিলাসকল উত্তৰাধিকাৰ
তথা ভৰণপোষণ আইনৰপৰা বঞ্চিত হৈ আছে,
যদিও শ্বৰিয়াহ আইনত ইয়াৰ
বিধান আছে। শ্বাহভানু মোকদমা ইয়াৰ জলন্ত উদাহৰণ। বাল্যবিবাহো কম বিতর্কিত নহয়।
বাল্যবিবাহৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ১৯২৯ চনত ভাৰতবৰ্ষত বাল্যবিবাহ নিরোধক আইন
প্রণয়ন কৰা হৈছিল; কিন্তু ধর্মীয় নীতি আদৰ্শৰ আধাৰত
মুছলমানসকলে এই আইনৰ বিৰোধিতা কৰি অৱজ্ঞা আন্দোলন আৰম্ভ কৰিছিল। সেয়ে বাধ্য হৈ
তেতিয়াৰ ব্ৰিটিচ চৰকাৰে ১৯৩৭ চনত মুছলিমৰ কাৰণে বাল্য বিবাহৰ স্বপক্ষে মত দিবলৈ
বাধ্য হৈছিল। কিন্তু এই বাল্যবিবাহে মুছলিম সমাজক বহু পশ্চাপদ কৰি ৰাখিছে। সেয়ে
সচেতন মুছলমানে এই আইনৰ বিলোপ সাধন বিচাৰে। হিন্দু আইনেও মহিলাসকলক যথোচিতভাবে
ৰক্ষণাবেক্ষণ দিব পৰা নাই। হিন্দু পাৰ্ছনেল ল’ৰ
ফলত হিন্দু মহিলাসকল উত্তৰাধিকাৰ,
পুনর্বিবাহ আৰু বিবাহ
বিচ্ছেদৰ ক্ষেত্ৰত হাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে। ইফালে বৰ্ণ হিন্দুৰ মাজত নিষিদ্ধ
বিধবা বিবাহ শূদ্ৰসকলৰ মাজত প্ৰচলিত হৈ আছে। সেয়ে এই সমান নাগৰিক আইনৰ জৰিয়তে
সকলোকে একে আইনৰ অধীনলৈ আনিব বিচৰা হৈছে। এই সমান আইন প্রচলন হ’লে মহিলাসকল লাভান্বিত হোৱাৰ লগতে ধর্মীয় ব্যৱধান হ্রাস
পাব বুলি আশা কৰা হৈছে।
কিন্তু
এই সমান নাগৰিক আইন কার্যকৰী কৰাটো মোদী চৰকাৰৰ কাৰণে সহজ কাম নহ’ব। কাৰণ কংগ্ৰছ পূৰ্বৰেপৰাই এই আইনৰ বিৰোধিতা কৰি আছে।
ইফালে গোড়া ধর্মীয় গুৰু,
মৌলবীসকলো এই আইনৰ বাটত
হেঙাৰ হৈ থিয় দিয়াৰ সম্ভাৱনা আছে। গতিকে এই আইন কার্যকৰী কৰাৰ ক্ষেত্ৰতমোদী
চৰকাৰ যে বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হ’ব লাগিব ইয়াত সন্দেহৰ অৱকাশ নাই।
(জনসাধাৰণ-১০-০৭-১৬)
জাকিৰ
নায়েক আৰু তেওঁৰ বিতর্কিত মন্তব্য।
ঢাকাৰ
হ’লি আর্টিজেন ৰেস্তোৰাঁৰ সন্ত্রাসী আক্ৰমণৰ পাছত জাকির
নায়েক প্রচণ্ড সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। সন্ত্রাসবাদীসকলক অনুপ্রাণিত কৰাৰ
কাৰণ দেখুৱাই বাংলাদেশ চৰকাৰ ডুবাইৰপৰা সম্প্ৰচাৰিত জাকিৰ নায়েকৰ পিচ টিভি চেনেলৰ
সম্প্ৰচাৰ বাংলাদেশৰ সৰ্বত্ৰ বন্ধ কৰি দিছে। (ভাৰত চৰকাৰে ২০১২ চনতে এই চেনেলৰ
সম্প্ৰচাৰ বন্ধ কৰি দিছে।) সম্প্রতি বাংলাদেশ আৰু ভাৰতত জাকির নায়েকৰ স্পিচ
কণ্টেণ্টৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছে।
জাকিৰ
নায়েকৰ জন্ম ১৯৮৫ চনৰ ১৮ অক্তোবত মুম্বাইত। তেওঁৰ সম্পূৰ্ণ নাম জাকিৰ আব্দুল কৰিম
নায়েক। তেওঁ বৃত্তি এগৰাকী ডাক্তৰ আছিল। ১৯৯১ চনৰপৰা তেওঁ ইচলাম ধৰ্ম প্ৰচাৰত
ব্ৰতী হৈছে। তেওঁ তুলনামূলক ধর্মতত্ত্বৰ এজন বিশেষজ্ঞ হিচাপে পৰিচিত। অনুমান কৰা
হয়, তেওঁ ছালফি (ওৱাহাবি) মতাদৰ্শৰ এগৰাকী
প্ৰভাৱশালী ব্যক্তি। তেওঁ ইচলামিক ৰিচাৰ্চ ফাউণ্ডেশ্বন নামৰ এটি প্রতিষ্ঠানৰ
প্ৰতিষ্ঠাপক। এই ফাউণ্ডেশ্বনটো পিচ টিভি নেটৱৰ্কৰ দ্বাৰা পৰিচালনা কৰা হয়। ইয়াৰ
জৰিয়তে তেওঁৰ ভাষণ দহ হাজাৰ কোটি মানুহে শুনিব পাৰে। তেওঁ আৰবী নাইবা উর্দু ভাষাত
ভাষণ প্ৰদান কৰাৰ পৰিৱৰ্ত্তে ইংৰাজীত ভাষণ প্রদান কৰে। তেওঁৰ ভাষণসমূহ আলোচনা আৰু
প্রশ্নভিত্তিক। ইচলাম আৰু তুলনামূলক ধৰ্মৰ ওপৰত তেওঁৰ কে“বাখনো পুস্তিকা প্রকাশ হৈছে। এই পুস্তিকাসমূহ মুছলিম সমাজত
জনপ্রিয়। বহুতে তেওঁক ওৱাহাবি মতবাদ
প্রচাৰকাৰী টেলিগনিষ্ট বা তহবিল সংগ্ৰহকাৰী টেলিভিজন ধৰ্মপ্ৰচাৰক হিচাপে ধাৰণা
কৰে।
জকিৰ
নায়েকে ইচলাম ধর্ম সম্পৰ্কীয় বহু বক্তৃতা প্ৰদান কৰিছে। তেওঁ পবিত্ৰ কোৰআন আৰু
হাদিছৰ আলোকত ইচলাম ধর্ম সম্পৰ্কীয় বিভিন্ন বিষয়ে ব্যাখ্যা বিশ্লেষণ আগবঢ়াইছে।
বিভিন্ন ধৰ্মৰ তুলনামূলক বিশ্লেষণৰ জৰিয়তে তেওঁ ‘ইছলামৰ
গ্ৰহণযোগ্যতা বেলেগ ধৰ্মতকৈ অধিকতৰ’
এই কথা প্ৰচাৰৰ কাৰণে চেষ্টা
কৰে। চিত্তবিদ্ ব্লম হানচেনে লেখিছে- বিভিন্ন ভাষাত কোৰআন, হাদিছ আৰু সাহিত্য মনত ৰখাৰ ভংগী আৰু তেওঁৰ ধৰ্মপ্ৰচাৰৰ কর্মকাণ্ডই
মুছলিমসকলৰ মাজত ডাঃ নায়েকক জনপ্রিয় কৰি তুলিছে। ২০০০ চনৰ এপ্ৰিল মাহত তেওঁৰ
অন্যতম বিখ্যাত বিতর্ক অনুষ্ঠিত হৈছিল কানাডাৰ চিকাগোত। তাত তেওঁ উইলিয়াম
কেম্পবেলৰ লগত বিজ্ঞানৰ আলোকত কোৰআন আৰু বাইবেল সম্পর্কে আলোচনা কৰিছিল। তেওঁ কয়, ইছলাম এটি কার্যকাৰণ আৰু যুক্তিৰ ধৰ্ম। বিজ্ঞান বিষয়ক
১০০০ টা আয়াত আছে কোৰআনত। ডাঃ নায়েকৰ বক্তৃতাৰ অন্যতম বিষয়বস্তু হ’ল,
বিজ্ঞানৰ সূত্ৰৰ জৰিয়তে
কোৰআনৰ গ্ৰহণযেগ্যতা প্রমাণ কৰা। ২০০৬ চনৰ ২১ জানুৱাৰীত বাংগালোৰত তেওঁ ‘ইচলাম আৰু হিন্দু ধৰ্মত ঈশ্বৰ’ এই বিষয়বস্তুৰ ওপৰত শ্ৰী শ্ৰী ৰবি শংকৰৰ বিতৰ্ক কৰিছিল।
২০১১ চন ফেব্ৰুৱাৰী মাহত ভিডিও লিংকৰ মাধ্যমত তেওঁ অক্সফোর্ড ইউনিভাৰ্চিটিৰ লগত
পোনপটীয়াভাবে আলোচনা কৰিছে। ২০০৭ চনৰপৰা প্ৰতিবছৰে মুম্বাইৰ চিয়নৰ চুমাইয়া
গ্ৰাউণ্ডত দহ দিনীয়াকৈ শান্তি সন্মিলন আয়োজন কৰি আহিছে।
এইবোৰ
কামৰ কাৰণে তেওঁক পুৰষ্কৃতও কৰা হৈছে৷ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ সমীক্ষা অনুসৰি তেওঁ ২০১০ চনত ১০০ জন প্রভাবশালী ভাৰতীয়ৰ
মাজত ৮৯ তম স্থানত আছিল। ২০০৯ চনত তেওঁ ৬২ তম স্থানত আছিল। ১৭ তম ‘ডুবাই পবিত্র কোরআন পুৰস্কাৰ’ পোৱাৰ পাছত তেওঁক বছৰৰ প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে
নামকৰণ কৰা হৈছিল। ২০১৩ চনৰ ৫ নৱেম্বৰত মালয়েচিয়াৰ ‘ডিপার্টমেন্ট অৱ ইচলামিক ডেভেলপমেণ্ট'ৰ জৰিয়তে তেওঁক ‘মা’ল হিজৰাহ বিশেষ ব্যক্তিত্ব পুৰষ্কাৰ’ প্ৰদান কৰা হৈছে। ২০১৫ চনৰ ২ ফেব্ৰুৱাৰীত ইছলাম প্রচাৰৰ
কাৰণে তেওঁক আৰবৰ পৰা ‘কিং ফয়চাল ইণ্টানেচনেল প্ৰাইজ’ প্ৰদান কৰা হৈছে। আনহাতে
বিতৰ্কত সোমাই পৰাৰ তেওঁ মৃত্যু-ভাবুকিৰো
সন্মুখীন হ’ব লগা হৈছে। কোনোবাই জাকিৰ নায়েকৰ শিৰচ্ছেদ
কৰিব পাৰিলে তাক ৫০ লাখ টকা পুৰষ্কাৰ দিয়া হ’ব
বুলি চলিত বৰ্ষৰ ১৩ জুলাইত সাধ্বী প্রাচীয়ে ঘোষণা কৰিছে। ইয়াৰ পাছদিনাই ছিয়া
সম্প্ৰদায়ৰ ‘হুছেইনী টাইগাচ্’ নামৰ সংগঠন এটাই ডাঃ নায়েকৰ মূৰৰ মূল্য ১৫ লাখ টকা ধার্য
কৰিছে।
মাথোন
ইচলামেই নাৰীক সমতা প্রদান কৰে। এই বিষয়বস্তুৰ ওপৰত আলোচনাৰ কাৰণে তেওঁ ২০০৪ চনত 'ইছলামিক ইনফ্ৰমেশ্বন এণ্ড চাৰ্ভিচেচ নেটৱৰ্ক অৱ অষ্ট্ৰেলিয়া’ৰ আমন্ত্ৰণক্ৰমে অষ্ট্রেলিয়ালৈ গৈছিল আৰু তাত তেওঁ মেলব’র্ন ইউনিভাৰ্চিটিত বিতৰ্ক কৰিছে। তেওঁ তাত কৈছিল যে, পশ্চিমীয়া পোচাক নাৰী ধৰ্ষণৰ অন্যতম কাৰণ। কাৰণ এইবোৰ
পোচাকৰ ফলত পৰ-পুৰুষ নাৰীৰ প্ৰতি আকৰ্ষিত হয়। দি এজ পত্ৰিকাৰ মতে, ডাঃ নায়েক ইচলামৰ উপদেশ আৰু আধ্যাত্মিক শ্রেষ্ঠত্বৰ উচ্চ
প্রশংসক আৰু পশ্চিমীয়া বিশ্বত সাধাৰণভাবে যি বিশ্বাস দেখা যায় তাক তেওঁ ব্যংগ
কৰে। জাকিৰ নায়েকৰ লক্ষ্য হৈছে সেইসকল শিক্ষিত মুছলমান যিসকলে নিজ ধর্মক
ত্রুটিপূৰ্ণ আৰু আওকলীয়া বুলি ভাবে। তেওঁৰ ধাৰণা, ইছলামৰ
প্ৰতি থকা ভুল ধাৰণাবোৰ আঁতৰাই পঠোৱাৰ লগতে পশ্চিমীয়া মিডিয়াসমূহে ইচলামৰ
বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰত্যেক মুছলমানে উদ্যোগ লোৱা উচিত।
নায়েকৰ মতে, ২০০১ চনৰ ১১ চেপ্তেম্বৰত আমেৰিকাৰ ট্ৰেড হাউচত
যি আক্রমণ চলোৱা হৈছিল সেয়া আমেৰিকাৰ এখন পৰিকল্পিত নাটকহে আছিল। তেওঁৰ মতে লাডেন
যদি যুক্তৰাষ্ট্ৰৰ দৰে সন্ত্রাসী ৰাষ্ট্ৰক সন্ত্ৰাসৰ জৰিয়তে হুমকিৰ সন্মুখীন কৰে, তেনেহ'লে তেওঁ বিন লাডেনৰ পক্ষত। ইছলামৰ শত্ৰু বা
যুক্তৰাষ্ট্ৰক যিকোনো উপায়ে হুমকিৰ সন্মুখীন কৰাটোক যদি সন্ত্রাস বুলি কোৱা হয়, তেনেহ'লে প্ৰতিজন মুছলমানেই সন্ত্রাসী হোৱা উচিত
বুলি তেওঁ ভাবে। তেও কয়,
ইছলামিক সন্ত্রাসবাদ
মিডিয়াৰ সৃষ্টি। এটি ইউ টিভি চেনেলত তেওঁ কৈছে যে, তেওঁ
ব্যক্তিগতভাবে লাডেনক চিনি নাপায় –
তেওঁলোকৰ কেতিয়াও সাক্ষাৎ
হোৱা নাই। বিবিচি আৰু চি এন এনৰ বাতৰি চাই লাডেন সম্পর্কে মন্তব্য কৰিলে সি ক'বই লাগিব যে,
লাডেন সন্ত্রাসী। কিন্তু
কোৰআনৰ মতে, যিকোনো সংবাদ পালে সেয়া যাচাই কৰি চোৱা উচিত।
সেয়ে তেওঁ লাডেনক দোষাৰূপ কৰিব নোৱাৰে। তেওঁ আৰু কৈছে, যদি লাডেন ইছলামৰ শত্ৰুৰ বিপক্ষে যুদ্ধ কৰে, তেনেহ'লে ময়ো তেওঁৰ লগত আছো। তেওঁ কয়, মুছলমানসকল এনেকুৱা হোৱা উচিত যেন সিহঁতক দেখিলেই সমাজ
বিৰোধীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হয়। আৰু এনেকুৱা হ'লে
প্ৰত্যেকজন মুছলমানেই সন্ত্রাসী হোৱা উচিত। এই মন্তব্যৰ পাছত সমালোচনা হোৱাত তেওঁ
কৈছিল, মই সদায় সন্ত্রাসবাদক দোষাৰূপ কৰো, কাৰণ মহিমান্বিত কোৰআন অনুসৰি কোনোবাই যদি এজন নিৰপৰাধ
মানুহক হত্যা কৰে, তেনেহ’লে সি যেন মানৱজাতিক হত্যা কৰিলে। তেওঁ চিয়া আৰু চুন্নীৰ বিৰোধ সম্পর্কেও মন্তব্য কৰিছে।
খলিফা এয়াজিদৰ নামৰ পাছত ‘ৰাদিআল্লাহ তাআলা’
বুলি কৈ তেওঁ বহু মুছলমান
বিশেষকৈ ছিয়াসকলৰ দ্বাৰা সমালোচিতও হৈছে। লাডেনক ইছলামৰ সৈন্য বুলি মন্তব্য কৰিও
তেওঁ মুছলমানসকলৰ দ্বাৰা সমালোচিত হৈছে। সঞ্জীৱ ভুট্টোৰ মতে- ‘তেওঁ ইছলামৰ এগৰাকী কৰ্তব্যপৰায়ন ব্যক্তি হিচাপে স্বীকৃত; কিন্তু বেলেগ ধৰ্মৰ প্ৰতি নেতিবাচক মন্তব্য কৰাৰ কাৰণে
তেওঁ খ্যাত।
ডাঃ
জাকিৰ নায়েকে কয়, কোনো মুছলমানে ইছলাম ত্যাগ কৰিব খুজিলে সি
ইছলামৰ পৰা বেলেগ হৈ যাব পাৰে। ইয়াত তাক মৃত্যুদণ্ড দিয়াৰ বিধান নাই। কিন্তু কোনো মুছলমানে যদি ইছলাম ত্যাগ কৰাৰ
পাছত নতুন (অ-ইছলামিক) ধৰ্ম বিশ্বাস প্ৰচাৰ কৰে আৰু ইচলামৰ বিৰুদ্ধে মাত মাতে তেনেহ'লে তেওঁ বিশ্বাসঘাতক ৰূপে বিবেচিত হ’ব। এই সন্দৰ্ভত জাকিৰ নায়েকে কয়, ইছলামিক আইন অনুসাৰে তাক মৃত্যুদণ্ড দিয়া উচিত, যিদৰে
দেশদ্ৰোহীৰ শাস্তি হৈ থাকে।
তেওঁ অন্যান্য ধৰ্মৰ মানুহক উৎসাহিত কৰি থাকে যে, তেওঁলোকে
যেন মুছলমানক স্বাধীনভাবে ধর্ম প্ৰচাৰৰ সুযোগ দিয়ে; কিন্তু
নায়েকে লগতে কয়, ইছলামিক ৰাষ্ট্ৰত অন্যান্য ধৰ্মৰ প্ৰচাৰ
নিষিদ্ধ কৰা উচিত। কাৰণ তেওঁ বিশ্বাস কৰে যে,
অন্যান্য ধর্মসমূহ ভুল, সেয়ে
তেওঁলোকৰ প্ৰচাৰণাও ভুল।
এইবোৰ
বিতর্কিত মন্তব্যৰ কাৰণে কানাডা আৰু যুক্তৰাষ্ট্ৰত ২০১০ চনৰ জুন মাহৰপৰা জাকির
নায়েকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। মুছলিম কানাডিয়ান
কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তাকে ফাতাহই জাকিৰ নায়েকৰ দৃষ্টিভংগী সম্পর্কে সেই দেশৰ
সংসদক সতর্ক কৰাৰ পাছত এই নিষেধাজ্ঞা আৰোপ কৰা
হৈছে। গ্রেট ব্ৰিটেইনৰ লণ্ডন আৰু শ্বেৰফিল্ডত বক্তৃতা আয়োজন কৰাৰ পাছত
যুক্তৰাষ্ট্ৰ স্বৰাষ্ট্র সচিব টেৰেচা মেইৰ পৰামৰ্শত নায়েকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত জাকির নায়েক দাবী
কৰে যে, স্বৰাষ্ট্র সচিবে এইটো ৰাজনৈতিক সিদ্ধান্ত
লৈছে, এয়া কোনো নৈতিক সিদ্ধান্ত নহয়। নায়েকৰ আইনজীৱীৰ মতে, এই
সিদ্ধান্তটো আছিল বৰ্বৰ আৰু অমানৱিক। গ্রেট ব্রিটেইনতো জাকিৰ নায়েকৰ প্ৰৱেশ
নিষিদ্ধ কৰা হৈছে।
সম্প্রতি
বাংলাদেশত সংঘটিত হোৱা সন্ত্রাসী আক্ৰমণৰ লগত জড়িত সন্ত্রাসবাদী নিব্রাস ইছলাম
আৰু ৰোহন ইমতিয়াজ ডাঃ জাকির নায়েকৰ বক্তব্য
শুনি সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট হোৱা বুলি তথ্য পোৱাৰ পাছতে বাংলাদেশ চৰকাৰ জাকিৰ
নায়েকৰ পিচ টিভি চেনেল বন্ধৰ কথা ঘোষণা কৰিছে। ইফালে যোৱা ৮ জুলাই শুক্ৰবাৰে এনকাউণ্টাৰত নিহত হোৱা
কুখ্যাত হিজবুল নেতা বুৰহান ৱানীৰ লগতে আন কিছুসংখ্যক যুৱক জাকিৰ নায়েকৰ ভাষণ শুনি সন্ত্রাসবাদৰ প্ৰতি আকৃষ্ট হোৱা বুলি তথ্য
প্ৰকাশৰ পাছতে ভাৰত চৰকাৰ তৎপৰ হৈ উঠিছে আৰু ‘নিয়া’ৰ দ্বাৰা ৯ টা তদন্ত কমিটি গঠন কৰি জাকিৰ নায়েকৰ ভাষণসমূহ পৰীক্ষা-নিৰীক্ষা কৰি আছে।
ইয়াৰ
প্ৰতিক্রিয়া হিচাপে যোৱা শুক্রবাৰে চৌদি আৰবৰ মদিনাৰপৰা স্কাইপৰ মাধ্যমত অনুষ্ঠিত
কৰা সাংবাদিক সন্মিলনত জাকির নায়েকে বিভিন্ন প্রশ্নৰ উত্তৰ দিছে। উক্ত সাংবাদিক সন্মিলনত তেওঁ বাংলাদেশ
চৰকাৰক প্ৰত্যাহ্বান জনাই কৈছে যে,
তেওঁ কেতিয়াও সন্ত্রাসী
কামত উৎসাহ দিয়া নাই।
জেহাদৰ নামত নিৰপৰাধ মানুহক
হত্যা কৰাটো ইচলামত দ্বিতীয় ডাঙৰ অপৰাধ। তেওঁ তেওঁৰ কোনো ভাষণতে সন্ত্ৰাসৰ কথা
কোৱা নাই। তেওঁৰ দাবী, বহুক্ষেত্ৰত ‘ডক্তডে
টেপ’ অর্থাৎ কাট-ছাট কৰা ভিডিও দেখিয়ে তেওঁৰ
বিৰুদ্ধে সন্ত্রাসবাদক সহায় কৰাৰ অভিযোগ তুলিছে সংবাদ মাধ্যমসমূহে। মুম্বাই পুলিচে তেওঁৰ বিৰুদ্ধে যি তদন্ত চলাই আছে তাৰ মুখা-মুখি হ’বলৈও প্রস্তুত আছে বুলি দাবী কৰিছে জাকিৰ নায়েকে।।
ফ্রান্সত সংঘটিত হোৱা সন্ত্রাসী
আক্ৰমণৰো তেওঁ নিন্দা কৰিছে
এই সাংবাদিক সন্মিলনত।
জাকিৰ
নায়েকৰ এই দাবী কিমানদূৰ সত্য সেয়া তদন্তৰ পাছতহে পৰিষ্কাৰ হ'ব।
(জনসাধাৰণ- ১৬-০৭-১৬)
বিচ্ছিন্নতা নেতাৰ মুখাৰ আঁৰৰ
মুখবোৰ।
সততে
সম্প্ৰদায়ৰ মুক্তিৰ কথা প্ৰচাৰ কৰি সমগ্ৰ কাশ্মীৰক মৃত্যু উপত্যকালৈ পর্যবসিত কৰা
সন্ত্রাসবাদী নেতাসকলৰ মুখাৰ আঁৰৰ মুখৰ কাহিনী সংবাদ মাধ্যমযোগে পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতেই প্রতিক্রিয়া
সৃষ্টি হৈছে। কাৰণ যুৱপ্ৰজন্মক সন্ত্ৰাসৰ প্ৰতি আকৰ্ষিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া বিচ্ছিন্নতাবাদী নেতাসকলৰ সন্তানসকল কিন্তু বিচ্ছিন্নতাবাদী নহয়। সিহঁতে
কানাডা, মালয়েচিয়া, আমেৰিকা, গ্রেট ব্রিটেইনত উচ্চ পদবীত নিয়োজিত হৈ আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰি আছে। তেওঁলোকৰ সন্ত্ৰাসৰ লগত কোনো ধৰণৰ
সম্বন্ধ নাই। বহুতে মুম্বাই,
দিল্লী, বাংগালোৰত হয়তোবা অধ্যয়ন কৰি আছে, নহ'লে উচ্চখাপৰ
চাকৰিত নিয়োজিত হৈ আছে। সন্ত্রাসবাদী নৈতাসকলৰ এই মানসিকতাৰ ওপৰত প্রশ্ন উত্থাপন
কৰিছে কাশ্মীৰী যুৱক জুনেইদ কুৰেশ্বীয়ে। জুনেইদ কুৰেশ্বী কাশ্মীৰ লিবাৰ্শ্বেন ফ্ৰণ্টৰ প্ৰতিষ্ঠাপকসকলৰ
অন্যতম হাচিম কুৰেশ্বীৰ পুতেক। এইজন হাচিম কুৰেশ্বী ১৯৭১ চনৰ ৩০ জানুৱাৰীৰ এয়াৰ
ইণ্ডিয়াৰ বিমান হাইজেক্ৰ লগত জড়িত আছিল। হাচিম
কুৰেশ্বীয়ে বিমান হাইজেক্ কৰি লাহোৰলৈ নিছিল। তাত যাত্ৰীসকলক মুকলি কৰি দিয়া
হৈছিল যদিও বিমানত
অগ্নি সংযোগ কৰা হৈছিল। পাছত হাচিম কুৰেশ্বী সন্ত্ৰাসৰ বাট ত্যাগ কৰি মূল সুঁতিলৈ
উভতি আহিছিল।
জুনেদে
কৈছে, কাশ্মীৰৰ সন্ত্রাসবাদীসকলক প্রশ্ন কৰা
উচিতসম্প্ৰদায় ৰক্ষাৰ কাৰণে প্ৰয়োজন হ’লে বন্দুক হাতত তুলি লৈাৱাটো যদি ইমানেই জৰুৰী তেনেহলে সিহঁতে(সন্ত্রাসবাদৰ প্ৰবক্তাসকলে) কিয় নিজৰ
সন্তানৰ হাতত বন্দুক তুলি নিদি নিৰাপদ দূৰত্বত আঁতৰাই ৰাখে ? দৰাচলতে সন্ত্রাসবাদী নেতাসকলৰ সন্তান ডাঙৰ হোৱাৰ লগে লগে সিহঁতক কাশ্মীৰৰপৰা নিৰাপদ
দূৰত্বলৈ আঁতৰাই পঠোৱা হয়। এই কাম কাশ্মীৰৰ প্ৰায়বিলাক বিচ্ছিন্নতাবাদী নেতাই
কৰে। সেয়া হুৰিয়ত নেতা ছৈয়দ আলি শ্বাহ গিলানীয়ে
হওঁক, হিজবুল নেতা ছৈয়দ চালাহ উদ্দিনে হওঁক অথবা
দুখতৰান-এ-মিল্লতৰ নেত্ৰী আছিয়া আন্দ্ৰাজীয়ে হওঁক। এওঁলোকৰ সন্তানক কেতিয়াও কোনো বিক্ষোভত অংশ গ্রহণ
কৰিবলৈ দিয়া নহয়। এওঁলোকে কেতিয়াও বেলেগ লৈ শিলা নিক্ষেপ নকৰে নাইবা সন্ত্রাসী কৰ্মৰ লগত জড়িত নহয়- সেয়া ২০০৪ চনৰ অথবা ২০১০
চনৰ নাইবা সম্প্রতি কাশ্মীৰত সংঘটিত হৈ থকা বিক্ষোভে হওঁক। এনেকুৱা ঘটনাও ঘটিছে,
এওঁলোকৰ সন্তান কাশ্মীৰত
থকাৰ সময়ত বিক্ষোভ সংঘটিত হোৱাৰ আশংকা দেখিলে বাহিৰলৈ আঁতৰাই পঠাইছে। কোনো
বিচ্ছিন্নতাবাদী নেতাই
কেতিয়াও নিজৰ সন্তানক
গণ্ডগোলৰ সময়ত কাশ্মীৰলৈ মাতি নানে। এইসকল বিচ্ছিন্নতাবাদী নেতাই অগ্নিগর্ভা
কাশ্মীৰৰপৰা নিজৰ সন্তানক নিৰাপদ দূৰত্বত আঁতৰাই
ৰাখি ডাক্তৰ, ইঞ্জিনিয়াৰ বনাই আছে আৰু বেলেগৰ সন্তানক
সম্প্রদায় ৰক্ষাৰ নামত মৃত্যুৰ গহ্বৰলৈ ঠেলি আছে।
জিহাদ
আৰু ইচলামিক আদৰ্শৰ শিক্ষা প্ৰদান কৰা হুৰিয়ত নেতা কট্টৰপন্থী ছৈয়দ আলি শ্বাহ
গিলানীৰ তিনিজন পুতেক আৰু তিনিজনী ছোৱালীৰ কোনো এজনে বিচ্ছিন্নতাবাদী সংগঠনৰ লগত জড়িত নহয়। গিলানীৰ
ডাঙৰজন পুতেক নঈম গিলানী এটা দহক পাকিস্তানত বসবাস কৰাৰ পাছত ছবছৰ আগতে পত্নীৰে সৈতে পুনৰ বিদেশলৈ গৈ বসবাস কৰি আছে। দ্বিতীজন
পুতেক জহুৰ গিলানী আমেৰিকাত আছে। কণিষ্ঠ পুতেক নচিম গিলানী শ্রীনগৰত কৃষি বিভাগত কৰ্মৰত। ছোৱালীৰ ভিতৰত এজনী ছোৱালী জেদ্দাত
অধ্যাপিকা। এজনী ছোৱালী দিল্লীত থাকে। তাইৰ স্বামী এগৰাকী প্রখ্যাত সাংবাদিক।
গিলানীৰ এজন নাতিয়েক এয়াৰ লাইন্সত কৰ্মৰত।
হুৰিয়ত
নেতা মীৰৱাইজ ওমৰ ফাৰুকৰ পুতেকে আমেৰিকা মূলৰ মুছলিম ছোৱালী শীবা মচদীক বিয়া কৰাই
আমেৰিকাত বসবাস কৰি আছে। ওমৰ
ফাৰুকৰ একমাত্ৰ জীয়েকে মাকৰ
লগত আমেৰিকাত আৰামপ্ৰদ জীৱন অতিবাহিত কৰি আছে। তেওঁৰ ভনীয়েক ৰাবিয়া ফাৰুক
আমেৰিকাত ডাক্তৰ। আন
এজন হুৰিয়ত নেতা মহম্মদ
আশ্বৰাফ সহৰাইৰ পুতেক আবিদ সহৰাই ডুবাইত কম্পিউটাৰ ইঞ্জিনিয়াৰ। হুৰিয়ত নেতা
গোলাম মহম্মদ সাইজীৰ পুতেক জুগনু
আত্মীয়সকলৰ লগত থাকি
দিল্লীত অধ্যয়ন কৰি আছে। তাক ল’ৰালিতে দিল্লীলৈ আঁতৰাই পঠোৱা হৈছিল।
দুখতৰান-এ-মিল্লতৰ
মহিলা বিচ্ছিন্নাতাবাদী নেত্রী ফৰিদাৰ পুতেক ৰুমা মকবুল চাউথ আফ্ৰিকাত ডাক্তৰ।
২০১৪ চনৰ নিৰ্বাচনৰ সময়ত ফৰিদাক
গ্ৰেপ্তাৰ কৰা হৈছিল। আন
এগৰাকী মহিলা বিচ্ছিন্নতাবাদী নেত্রী আছিয়া অদ্ৰাবীৰ এজন পুতেক মালয়েচিয়াত
সূচনা প্রাদ্যোগিক বিষয়ত অধ্যয়ন কৰি আছে। দ্বিতীয়জন
পুতেক ছ'ছিয়াল মিডিয়াত সক্রিয়। কনিষ্ঠজন পুতেকে
শ্রীনগৰত অধ্যয়ন কৰি আছে। আছিয়াৰ সৰহ সংখ্যক আত্মীয় পাকিস্তান, চৌদি আৰব,
ইংল্যাণ্ডত আৰামপ্ৰদ জীৱন
অতিবাহিত কৰি আছে। তাইৰ এজন ভতিজাক জুলকৰনেন পাকিস্তানত তথাকথিত সেনা বিষয়া।
বেলেগ এজন ভতিজাক
ইমতিয়াজ উন নবী এৰ’নটিকেল ইঞ্জিনিয়াৰ। মাছ মুভমেণ্টৰ কর্মকর্তা ফৰিদা
বেহনজীৰ এজন পুতেক ডাক্তৰ। তেওঁ দিল্লীৰ এখন বিখ্যাত হাস্পতালত কৰ্মৰত। সৰুজন পুতেক শ্রীনগৰৰ এখন বিদ্যালয়ৰ সঞ্চালক।
হিজবুল কমাণ্ডাৰ চালাহ উদ্দিনৰ এজন পুতেক ছৈয়দ মুঈদ শ্রীনগৰত আই টি ইঞ্জিনিয়াৰ
আৰু এজন পুতেক ছৈয়দ আব্দুল বাছিদ ডাক্তৰ আৰু আন
এজন পুতেক কৃষি বিভাগত কৰ্মৰত। ছৈয়দ আলি শ্বাহ গিলানী গোটৰ প্ৰবক্তা হুৰিয়ত নেতা
এয়াজ আকবৰৰ পুতেক পুণেত থাকি মেনেজমেণ্ট বিষয়ত
অধ্যয়ন কৰি আছে।
এতিয়া
প্রশ্ন হ’ল,
এইসকল বিচ্ছিন্নতাবাদীয়ে
সম্প্রদায় ৰক্ষাৰ নামত বিচ্ছিন্নতাবাদৰ লগত জড়িত হৈ আছে, নে নিজৰ সন্তান তথা আত্মীয়সকলৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে ধৰ্মৰ মুখা পিন্ধি যুৱপ্ৰজন্মক
মৃত্যুৰ মুখলৈ ঠেলি আছে? এই বিষয়ে আমাৰ যুৱপ্ৰজন্ম সজাগ হ’বৰ হ’ল। কাৰণ ধৰ্মই কেতিয়াও সন্ত্রাসবাদৰ শিক্ষা নিদিয়ে। প্ৰকৃতাৰ্থত যি কৰ্মই জগতৰ
কল্যাণ সাধন কৰে সেয়াই ধৰ্ম। ইচলাম শান্তিৰ ধৰ্ম। ইচলাম ধর্মই কেতিয়াও
সন্ত্রাসবাদৰ শিক্ষা নিদিয়ে।
সাম্য-মৈত্ৰীৰ শিক্ষাহে
দিয়ে ইছলাম। ইছলাম ধৰ্মৰ আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈ ১৯০০ চনৰ ৩ ফেব্ৰুৱাৰীত ‘প্যাচাডোনা সেক্সপিয়াৰ ক্লাৱত প্ৰদত্ত ভাষণত স্বামী বিবেকানন্দই কৈছিল- ‘মুছলমান ধর্মত যথেষ্ট ভাল বস্তু আছে। মহম্মদ
সাম্যবাদৰ আচাৰ্য। তেওঁ মানৱ জাতিৰ ভ্ৰাতৃভাব- সকলো মুছলমানৰ ভ্ৰাতৃভাবৰ প্ৰচাৰক। ঈশ্বৰ প্ৰেৰিত পুৰুষ।' তেওঁৰ অন্যতম সুহৃদ মহম্মদ চফ্ৰাজক তেওঁ লেখিছিল- আমাৰ
ধাৰণা যে, বেদান্তৰ মতবাদ যিমানেই সূক্ষ্ম ও বিস্ময়কৰ নহওঁক কিয়,
কৰ্ম পৰিণত ইচলামৰ সহায়তা
অবিহনে মানৱ সাধাৰণৰ অধিকাংশৰ ওচৰত সেয়া নিৰ্থক।'
ইছলামৰ
এইবোৰ সৰ্বজন গ্রহণযোগ্য উচ্চ আদৰ্শৰ ওপৰত এচাম স্বার্থান্বেষী সন্ত্রাসবাদীয়ে
সম্প্রদায় ৰক্ষাৰ নামত কলংক সানি আছে। গতিকে মাথোন মুছলমান সম্প্রদায়ে নহয়, জাতি-ধর্ম
নির্বিশেষে সকলো শান্তিকামী মানুহ সজাগ হৈ এই ভণ্ড সম্প্ৰদায়প্রেমীসকলৰ বিৰুদ্ধে
মাৰ বান্ধি থিয় হ'বৰ হ'ল।
(
জন সাধাৰণ- ২৬-০৭-১৬)
অসমৰ মুছলমান জোলাহা-
অতীত আৰু বৰ্তমান
মুছলিম
সমাজত স্বাভাৱিকতে বৰ্ণ প্ৰথা নাই যদিও ১৮৯১ চনৰ লোক পিয়ল অনুসৰি মুছলমান সমাজ ওঠৰটা ভাগত বিভক্ত থকা দেখা যায়। ইয়াৰে প্ৰধান দুটা ভাগ
হ’ল,
আশৰাফ আৰু আৰ্জল। গাজী, খান,
মীৰ, মোগল,
পাঠান, চৰ্দাৰ,
ছৈয়দ, শ্বেখসকল আশৰাফ শ্ৰেণীৰ অন্তৰ্ভূক্ত। এওঁলোক সাধাৰণতঃ আৰব, ইৰাণ,
ইৰাক আদি দেশৰ পৰা প্ৰব্ৰজিত
মুছলমান। আশ্বৰাসকলৰ মাজত কিছু উচ্চবৰ্ণ হিন্দুৰ পৰা ধৰ্মান্তৰিত মুছলমানো আছে। দর্জি,
ধোবা, হুন্যা,
ফকিৰ, হাজাম,
জুলহা, কুলু,
কাৰিগৰ, কুনজাৰা আৰু লাহিৰীসকল আৰ্জল শ্ৰেণীৰ অন্তর্ভুক্ত। জুলহাসকল নিন্মবৰ্ণৰ হিন্দু তাঁতীৰ পৰা
ধৰ্মান্তৰিত মুছলমান। ‘উইকি পেডিয়া’ৰ
তথ্য অনুসৰি তাঁতীসকল সাধাৰণতঃ ঝাৰখণ্ড, বিহাৰ,
উড়িষ্যা, পশ্চিম বংগ আৰু অসমত বাস কৰে। তাঁতীসকল নিম্নবর্ণ হিন্দু তথা ভাৰতবৰ্ষৰ ভূমিপুত্র। পশ্চিম বংগ, অসম আৰু পূৰ্ববংগত বাস কৰা তাঁতীসকল সাধাৰণতঃ বাংলাভাষী। এওঁলোকৰ আদি বাসস্থান ভাৰতৰ পশ্চিম বংগ, উড়িষ্যা,
উত্তৰ-পূব বংগ আৰু পূৰ্ববংগ
(বর্তমান বাংলাদেশ)।
পশ্চিম বংগ আৰু উড়িষ্যাৰ
বয়ন শিল্পৰ লগত জড়িত লোকসকলক সাধাৰণতঃ তাঁতী নামেৰে জনা যায়। তাঁতীৰ পৰা ধর্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা মুছলমান
তাঁতীসকলক জুলহা আৰু কাৰিগৰ নামেৰে জনা
যায়।
এই জুলহাসকলৰ বহুতে মল্লিক,
মোল্লাহ, শিকদাৰ,
আনছাৰী (আনছাৰী আচলতে আৰৱৰ
পৰা প্ৰব্ৰজন কৰি অহা মুছলমানসকলৰ কাৰণেহে প্রযোজ্য) আদি
উপাধি ব্যৱহাৰ কৰে। এওঁলোক পশ্চিম বংগ আৰু উড়িষ্যাৰ
পৰা আহোম স্বৰ্গদেউ আৰু ব্ৰিটিছৰ পৃষ্ঠপোষকতাত অসমলৈ উঠি আহিছিল। অসমত এওঁলোকৰ সংখ্যা তেনেই তাকৰ। পাঁচৰ পৰা সাত লাখমান হ’ব পাৰে বুলি কিছু সংখকে ধাৰণা কৰে। গতিকে এওঁলোকৰ সঠিক সংখ্যা নিৰ্ধাৰণৰ কাৰণে জৰিপৰ প্ৰয়োজন আছে।
ঢাকাৰ
মছলিন কাপোৰ, ঢাকাই শাড়ী, টাংগাইলৰ
টাংগাইল, নীলাম্বৰী আদি শাড়ী আদিৰ স্ৰষ্টা এই জুলহাসকল। এটা সময়ত বংগদেশত প্রস্তুত কৰা ৰেচম আৰু কপাহী
বস্ত্ৰ ইংলেণ্ড, আমেৰিকা,
ডেনমার্ক, পর্তুগাল,আৰব,
পাৰস্য আদি দেশলৈ ৰপ্তানি
কৰা হৈছিল।
ব্ৰিটিছসকলৰ
সংকীর্ণ মানসিকতাই ভাৰত বিশেষকৈ বংগৰ বয়ন শিল্পৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল।
ৰমেশ
চন্দ্ৰ দত্তই তেওঁৰ ‘বাংলাৰ কৃষক সমাজ’ নামৰ গ্ৰন্থত এইদৰে লিখিছে- ইংলেণ্ডৰ সংকীর্ণ মানসিকতাই আমাৰ শিল্প হানিৰ কাৰণ। ইংৰাজসকল শ্রমজীৱী জাতি। আমাৰ
দেশীয় শিল্প যিমানেই ক্ষয়প্রাপ্ত হ’ব-ইংলেণ্ডৰ শিল্পৰ পক্ষে সিমানেই সুবিধা। বিপৰীতপক্ষে ভাৰতৰ বয়ন
শিল্পৰ সিমানেই অধিক অৱনতি। বহু শতাব্দী ব্যাপী ভাৰত ৰেচম আৰু কপাহী বস্ত্ৰৰ কাৰণে বিখ্যাত আছিল। ইয়াৰ
উপৰিও আৰু বহুবিধ শিল্পজাত সামগ্রী সমগ্র এছিয়া
আৰু ইউৰোপৰ প্ৰায় সকলো প্ৰধান নগৰত বিক্ৰী হৈছিল। কিন্তু ভাৰতৰ শাসনভাৰ ব্ৰিটিছৰ
হাতত ন্যস্ত হোৱাৰ পাছত সিহঁতে (ব্ৰিটিছসকলে)ভাৰতৰ শিল্পৰ
অৱনতি সাধনত বদ্ধপৰিকৰ হৈ উঠিল। ১৭৬৫ চনত বাংলাৰ
ৰাজস্ব সংগ্ৰহৰ ভাৰ ব্ৰিটিছৰ হস্তগত হয়। চাৰি বছৰ পাছত অর্থাৎ ১৭৬৯ চনত কোম্পানীৰ
ডিৰেক্টৰসকলে মাৰ্চ মাহৰ তাৰিখে পত্রযোগে আদেশ দি পঠালে- বংগৰ ৰেচম প্রস্তুতৰ
ব্যৱসায়ক উৎসাহিত আৰু ৰেচম
বয়ন শিল্পক নিৰুৎসাহিত কৰা
হওঁক। আৰু আদেশ দি পঠালে- ‘যিসকলে ৰেচম কাটে, সিহঁতৰ আটাইকে কোম্পানিৰ
কল-কাৰখানাত কাৰ্য কৰিবলৈ বাধ্য কৰোৱা হওঁক,
যদি এই আদেশ লংঘন কৰি বেলেগত
কাম কৰে তেনেহ'লে
সি কঠোৰ দণ্ডৰ যোগ্য বুলি বিবেচিত হওঁক।’
মাথোন
ইমানতে ক্ষান্ত নাথাকিল ব্রিটিছসকল। তেওঁলোকে ভাৰতৰ বয়ন শিল্পৰ ধ্বংস সুনিশ্চিত
কৰাৰ কাৰণে বেলেগ উপায়ো অৱলম্বন কৰিলে। ভাৰতীয়
ৰেচম আৰু কপাহী বস্ত্র একে মান বিশিষ্ট বিলাতী বস্ত্ৰতকৈ পঞ্চাশ টকাৰ পৰা ষাঠি টকা কমত মূল্যত বিক্ৰী
কৰিব পাৰিছিল। ফলত ইংলেণ্ডৰ ‘পেমলি মানচেষ্টাৰ’ত
নিৰ্মিত বস্ত্ৰৰ স্বাৰ্থ
ৰক্ষা কৰাৰ কাৰণে ব্ৰিটিছসকলে ভাৰতীয় বস্ত্ৰৰ ওপৰত সত্তৰৰ পৰা আশী শতাংশ শুল্ক নিৰ্ধাৰণ কৰিলে। এইদৰেই দেশীয় বয়ন শিল্পৰ বিনাশ সাধন কৰি
ব্ৰিটিছসকলে ভাৰতত বিলাতী বস্ত্ৰৰ প্ৰচলন কৰিলে।
ফলত বংগৰ কাৰ্গিৰসকল কর্মহীন হৈ পৰিল। তেওঁলোকৰ বহুতে জাতিগত বৃত্তি এৰি কৃষিকৰ্মৰ লগতে অন্যান্য কর্মত নিয়োজিত হ’ল। কৃষিকৰ্ম ঋতু ভিত্তিক। গতিকে বহুতে কৃষিকৰ্মৰ
সমান্তৰালভাবে অৱসৰ
সময়ত নিজৰ জাতিগত বৃত্তি
চলাই থাকিল। সৌসিদিনালৈকে জোলাহাসকলে লুংগী,
শাড়ী, গামোচা,
চেলেং চাদৰ,
টনাজাল আদি প্ৰস্তুত কৰিছিল।
সম্প্রতি অত্যাধুনিক বয়ন কল-কাৰখানা উদ্ভৱ হোৱাৰ ফলত তেওঁলোকেবৰ্তমান বয়নকাৰ্য
এৰি বিভিন্ন বৃত্তিত নিয়োজিত হৈছে। অৱশ্যে তিৰোতাসকলে এতিয়াও গৃহকৰ্মৰ
সমান্তৰালভাবে খেজুৰ-পাতৰ পাটী, আছা জাল আদি প্ৰস্তুত কৰি বিক্ৰী কৰে। বহুতৰে ঘৰত
হানা(ৰাঁচ), নৰদ,
কোল নৰদ, নাইল(মাকো),
কোঁচ, বাউৰ,
বাটৈ, নলী,
মেৰা, শৰ (এইবোৰ জোলাসকলে ব্যৱহাৰ কৰা কথিত নাম। প্রকৃত নাম বেলেগ হ’ব পাৰে বুলি মোৰ ধাৰণা)আদি এতিয়াও দেখিবলৈ
পোৱা যায়।
অসমৰ
ভৈয়াম অঞ্চলত সম্প্রতি বসবাস কৰি থকা আন্তঃপ্রব্রজিত বাংলাভাষী জুলহা সম্প্ৰদায়ৰ
লোকসকল যে এটা সময়ত নিন্মবর্ণ হিন্দুৰপৰা
ধৰ্মান্তৰিত হৈ মুছলমান হৈছে এইসকল মুছলমান জুলহাসকলে পালন কৰা কিছুমান আচাৰ-আচৰণ আৰু পৰম্পৰালৈ লক্ষ্য কৰিলে এই কথা
স্পষ্ট ভাবে ওলাই পৰে। সৌসিদিনালৈকে
বহুতো মুছলমান জুলহাই ধূতি
আৰু গামোচা পিন্ধিছিল। নিম্নবৰ্ণ হিন্দুৰ মাজত প্ৰচলিত বহুতো ধর্মীয় পৰম্পৰা, উৎসৱ-পাৰ্বণ এতিয়াও জুলহাসকলে পালন কৰে। যেনে আহিন মাহৰ
সংক্রান্তিত গাৰ্চী, শস্য উৎসৱ হিচাপে কাতি মাহৰ সংক্ৰান্তিৰ দিনা জুই ধৰি ল’ৰা-ছোৱালীয়ে আউনি-ভাউনি (ভাল্লা-ভোল্লা) খেদোৱা, পিতৃপুৰুষক
নৱান্ন খুওৱা অৰ্থাৎ মুঞ্চী
খুওৱা, পুহ মাহৰ সংক্ৰান্তিত টেকেলি পিঠা খোৱা। ভাদ
মাহৰ তাল নৱমীত তালৰ
পিঠা খোৱা। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা ভায়েকে ভনীয়েকৰ ঘৰলৈ গৈ ছাতু
খোৱা আদি। এই ছাতু খোৱাক
হিন্দুৰ ভাইফোঁটাৰ নতুন
সংস্কৰণ বুলি ক'ব পাৰি। আম-কঁঠালৰ বতৰত জোঁৱায়েকক আম-কঁঠাল
খুওৱা। ইয়াক হিন্দুৰ জামাইষষ্ঠীৰে নতুন সংস্কৰণ বুলি
ক’ব পাৰি। নতুন নিৰ্মাণৰ সময়ত খুঁটাৰ মূৰত ৰঙা কাপোৰ বান্ধি তীৰ-ধনু বান্ধি ৰখা দেখা যায়। এয়া ত্ৰিশূলৰ নতুন সংস্কৰণ
বুলি ক'ব পাৰি। বহুতে স্বামী-পুত্ৰৰ মংগলৰ কাৰণে ৰোজা ৰাখে। এয়া বিহাৰীসকলৰ ছট পূজাৰে এক সংস্কৰণ।
নতুন পানী আহিলে পানীত লোণ তৰ্পণ
কৰা। এয়া গংগাপূজাৰ নতুন
সংস্কৰণ। মনসা ও থল পূজা কৰা। থলপূজাত ফাতিমা (ৰাজিঃ)ৰ মূৰ্ত্তি (অৱশ্যে ঠিক মূৰ্ত্তি নহয়,
মাটিৰ ঢেলাৰ দৰে) পূজা
কৰিছিল। এয়া অৱশ্যে আমি দেখাত দুই চাৰিজনেহে কৰিছিল।
ইছলামৰ
বহুল প্রচাৰ-প্ৰসাৰ হোৱাৰ ফলত এয়া সম্প্রতি প্রায় দেখা নোপোৱা হৈছে। বিবাহ উৎসৱতো হিন্দুসকলৰ বহু আচাৰ-পৰম্পৰা পালন কৰে
মুছলমান জুলহাসকলে। দৰা-কইনাক
ধান-দুবুৰিৰে বৰণ কৰা, দৰা-কইনাক মাহ-হালধি সানি গা ধোওৱা, দৰা-কইনাৰ লক্ষণ বিচাৰতো হিন্দু নীতিকে পালন কৰা দেখা যায়। কিছুদিন আগলৈকো সেন্দুৰ নহ'লে মুছলমান জুলহা সমাজত বিবাহ নহৈছিল। বিবাহ উৎসৱত বোকা ছটিয়াই ধেমালি কৰা (এয়া হোলীৰে সংস্কৰণ বুলি
ভবাৰ থল আছে।), মুছলমান ছোৱালীয়ে মাটিৰ পুতলা তৈয়াৰ কৰি দৰা-কইনা সজাই খেলা, বেজ-কবিৰাজৰ জৰা-ফুকাৰ সময়ত দেৱ-দেৱীৰ দোহাই দি তন্ত্র-মন্ত্ৰ ব্যৱহাৰ কৰা, হাতৰ ৰেখা চাই ভাগ্য গণণা কৰা, পূর্ণিমা ও অমাৱস্যাৰ ব্রত পালনকে আদি কৰি এশ এবুৰি পৰম্পৰা পালন কৰে মুছলমান জুলহাসকলে। ভূত-প্রেতত
বিশ্বাস, অসুখ-বিসুখৰপৰা মুক্তি পাবলৈ দেৱ-দেৱীলৈ ভোগ আগবঢ়োৱা, গোবৰক
পবিত্ৰ জ্ঞান কৰাকে আদি কৰি ইছলাম ধৰ্মৰ পৰিপন্থী বহু পৰম্পৰা এতিয়াও প্ৰচলিত হৈ আছে মুছলমান জুলহা সমাজত। এইবোৰৰ প্ৰতি
লক্ষ্য কৰি এইসকল মুছলমান জুলহাসকল
যে এটা সময়ত হিন্দু আছিল
সেয়া সহজে অনুমান কৰিব পাৰি।
হিন্দুসকলৰ
মাজত প্ৰচলিত সাতভক্ষণ অর্থাৎ গৰ্ভৱতী মহিলাক সাত মাহত নতুন ৰঙা কাপোৰ পিন্ধোৱাই ছেৱৈ (শেমাই)খুওৱা। এই সাতভক্ষণ খুওৱা এতিয়াও বহু ঠাইত
দেখা যায়। আগতে এয়া বহুল ভাবে প্রচলিত আছিল।
লক্ষ্মীপূজা অর্থাৎ ধান কটাৰ আগতে ধানৰ থোক আনি ভঁড়াল ঘৰৰ সন্মুখত ওলোমাই ৰখা। ইয়াক লক্ষ্মীপূজা বুলি ক'ব পাৰি। কাৰণ ধান মানেইতো লক্ষ্মী। বহাগ জেঠ
মাহত গোৰক্ষনাথৰ পূজা অর্থাৎ
গোৰক্ষনাথলৈ ভোগ হিচাপে লাডু
আগবঢ়োৱা। ইয়াক স্থানীয় ভাষাত গোৰ্খেৰ লাডু বুলি কোৱা হয়। এইটো
অৱশ্যে
পিয়ল দিয়া গাই থকা সকলেহে পালন কৰে। গোৰক্ষনাথৰ
পূজাৰপৰা এইটো অনুমান কৰিব পাৰি যে,
এটা সময়ত হয়তো এই
ধর্মান্তৰিত মুছলমান
জুলহাসকলৰ কিছু মানুহ
উড়িষ্যাৰ আদিবাসী আছিল। কালক্ৰমত আন্তঃপ্ৰব্ৰজন কৰি পশ্চিমবংগ, পূর্ববংগ
আৰু অসমলৈ উঠি আহিছিল আৰু
এটা সময়ত ধর্মান্তৰিত হৈ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। উড়িষ্যাৰ তাঁতীসকলৰ প্ৰত্যেকৰ ঘৰত তাঁতশাল আছিল, মুছলমান জুলহাসকলৰ ঘৰতো সৌদিনালৈকে তাঁতশাল আছিল৷ কাৰণ এই মুছলমান জুলহাসকলৰ কথিত ভাষাত বহু উড়িয়া ভাষাৰ
শব্দ প্রচলিত থকা দেখা যায়। যেনে-নুয়া (নতুন)। অৱশ্যে এই নুয়া শব্দটো মুছলমানসকলে
নয়া হিচাপেহে ব্যৱহাৰ কৰে। ছাওয়া (ল’ৰা-ছোৱালী), ধাইয়া
(বেগাই যোৱা), নানা-নানী (আতা-আবু), পূ-জী ( ল’ৰা-ছোৱালী), পুলা
(ল’ৰা),
লম্ফ (জাপ মৰা), ডেই দিয়া (ডেউ দিয়া), ধোকা
(ফাঁকি দিয়া), মামু (মোমাই), ভাউজ
(নবৌ), বাজি (দেউতা) ইত্যাদি।
আদিবাসী
উড়িয়াসকলৰ কিছু কিছু পৰম্পৰাও প্ৰচলিত থকা দেখা যায় এইসকল মুছলমান জুলহা সমাজত। যেনে- মাটিৰ সাৰুৱা গুণ বৃদ্ধিৰ বাবে খেতিত মলত্যাগ কৰা, স্ত্ৰীয়ে স্বামীৰ গা ধোঁৱাই দিয়া, বিয়াৰ সময়ত দৰা- কইনাক
মাহ-হালধি সানি গা ধোওৱা,
জীয়াৰী-বোৱাৰীয়ে মাটিত
আঁচল পাৰি শোৱা, মাটিত বিছনা পাৰি শোৱা,
গোক্ষনাথলৈ ভোগ আগবঢ়োৱা, শিল-পটা,
গোহালি পূজা আদি। আৰু হয়তো
এনেকুৱা বহু উমৈহতীয়া
পৰম্পৰা আছে উভয়
সম্প্ৰদায়ৰ মাজত। উড়িয়াসকলৰ জীৱন ধাৰণ প্ৰণালীৰ বিষয়ে সবিশেষ নজনাৰ কাৰণে সেইবোৰ উল্লেখ কৰিবপৰা নগ’ল।
অসমীয়া কবিতা তথা সমকালীন বিশ্বৰ যুৱ প্ৰতিভা কমল কুমাৰ তাঁতী অসমৰ এগৰাকী বিশিষ্ট দ্বিভাষী কবি, আলোচক,
লেখক ও অনুবাদক আৰু বিশিষ্ট
কবি সমীৰ তাঁতীৰ পূৰ্বপুৰুষসকলৰ লগত আমাৰ পূৰ্বপুৰুষৰ সম্পৰ্ক
থকা কথাটো একেষাৰে নুই কৰিব নোৱাৰি।
অসমৰ
হাজং জনগোষ্ঠীৰো বহু ভাষা মুছলমান জুলহাসকলৰ কথিত ভাষাৰ মাজত প্ৰচলন থকা দেখা যায়। যেনে- বাইগন (বেঙেনা), ঝিঙা
(জিকা), সিমা (উৰহী), কলাথোৰ
(কলডিল), চাইলথা (ঔ টেঙা), ঝালা,
মচি (জলকীয়া), দুধ (গাখীৰ),
মিৰকা মাছ (মিৰিকা মাছ), ফেঁকা মাছ (ভৌকা মাছ), খইলচা
মাছ (খলিহনা),
ইচা মাছ, টাকি মাছ (গৰৈ মাছ),
ইলচা মাছ (ইলিচ), বাঙ্গি,
কামৰাঙা (কৰ্দৈটেঙা), জামবুৰা,
আতাফল, কুৰাল (কুঠাৰ),
দাও (দা), আংঠি (আঙুঠি),
গামছা (গামোচা) আদি।
কোঁচ-ৰাজবংশীসকলৰ
ভাষাৰ লগতো বহু শব্দৰ মিল
আছে। যুগ যুগ । একেলগে বসবাস কৰাৰ ফলত এইবোৰ শব্দ উভয় সম্প্ৰদায়ৰ উমৈহতীয়া শব্দ হৈছে বুলি ভবাৰ থল আছে।
বহু
মুছলমান জুলহাই সৌসিদিনালৈকে হিন্দু আৰ্হিত নাম ৰাখিছিল। কাৰণ ধৰ্মান্তৰিত হৈ
ইছলাম ধৰ্মত দীক্ষিত হ'লেও
আৰবী শব্দৰ ভঁড়াল চহকী নোহোৱাৰ কাৰণে বহুতে হিন্দু আৰ্হিতে নাম ৰাখিবলৈ বাধ্য হৈছিল। উদাহৰণ
স্বৰূপে পুৰুষৰ ক্ষেত্ৰত যদু,
মধু, নীলচান,
লালচান, ফুলচান,
সদৰ, মিঠু,
ভেলু, কানাই,
মেঘা, মেঘু,
ফটিক আদি আৰু নাৰীৰ
ক্ষেত্ৰত- তাৰাভানু, নয়ন ভানু, জ্যোৎস্না, সুন্দুৰী,
ৰূপচী, বেউলা আদি।
বহু মুছলমান জুলহাৰ উপাধি
এতিয়ালৈকে হিন্দু আৰ্হিত থকা দেখা যায়। যেনে- ভূঁঞা, মল্লিক আদি। ক্ষেত্র ভিত্তিক গৱেষণা চলালে এনেকুৱা আৰু বহু তথ্য পোহৰলৈ আহিব
বুলি ভবাৰ থল আছে।
শিক্ষা-দীক্ষাত
আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰে কিছু ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, পৰম্পৰা ত্যাগ কৰিবলৈ
লৈছে যদিও এতিয়ালৈকে বহু পৰম্পৰা মুছলমান সমাজত ৰৈ আছে। হাজাৰ হাজাৰ বছৰ ধৰি
গঢ়লৈ উঠা এইবোৰ পৰম্পৰা, ৰীতি-নীতি ত্যাগ কৰিবলৈ হয়তো আৰু বহু দিন লাগিব।
মাথোন
অসমতে নহয় সমগ্ৰ ভাৰত তথা বাংলাদেশত বসবাস কৰা জুলহাসকলৰ সংখ্যা তেনেই তাকৰ। নিন্মবর্ণ হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈ মুছলমান হোৱাৰ কাৰণে
জোলাহাসলক একে ধৰ্মাৱলম্বী অন্যান্য মুছলমানসকলে অৱজ্ঞাৰ দৃষ্টিৰে চোৱা দেখা যায়। এওঁলোকৰ লগত অন্যান্য
মুছলমানসকলে বিয়া-বাৰুৰ ক্ষেত্ৰত অনীহা প্ৰকাশ
কৰা দেখা যায়। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত এওঁলোক খুবেই অনগ্ৰসৰ।
ৰাজনীতিত এওঁলোকৰ অংশগ্ৰহণ
নাই বুলিয়ে ক’ব পাৰি।
বংগৰ
বাহিৰেও জুলহাসকল বিশেষকৈ উত্তৰ প্ৰদেশ,
হিমাচল প্রদেশ, দিল্লী,
হাৰিয়ানা, জন্মু-কাশ্মীৰ,
ছত্তিশগড় আদি ঠাইত বাস কৰে।
এওঁলোকে হিন্দু ধৰ্ম আচৰণ কৰে। এওঁলোক হিন্দু ব্রাহ্মণ- সৃষ্ট শূদ্ৰবৰ্ণৰ অন্তর্গত। ভাৰতীয় সংবিধানৰ বিধান অনুসৰি এওঁলোকক অনুসূচিত
জাতিৰ অন্তৰ্ভূক্ত কৰা হৈছে। এওঁলোকে চৰকাৰী
চাকৰি, চৰকাৰী কলেজত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি, অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ কাৰণে বিভিন্ন সুবিধা ভোগ কৰাৰ লগতে এওঁলোকৰ কাৰণে লোকসভাত আসন সংৰক্ষণৰ
ব্যৱস্থা আছে। আমাৰ ভাৰতবৰ্ষৰ
বিশেষকৈ পশ্চিমবংগৰ
তাঁতীসকলকো ইতিমধ্যে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰা হৈছে।
ভাৰতবৰ্ষৰ
অন্যান্য জোলাহাসকল অন্যান্য পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত হোৱাৰ পাছত অসমৰ
বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা ধর্মীয় সংখ্যালঘু
জুলহাসকল অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত হোৱাৰ কাৰণে সোচ্চাৰ হৈ উঠে আৰু তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ১৯৯২
চনৰ ১২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে
এনেদৰে ৰায়দান কৰে- Permanet Commission to be set up
within four months by the Union and State Governments to examine complaints of
over inclusion and under inclusion and request for inclusion in the list of
backward classes.
ইয়াৰ
পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ন্যায়াধীশ ছফিকুল হকক অধ্যক্ষ হিচাপে লৈ এখন পিছপৰা
শ্ৰেণী আয়োগ গঠন কৰিছিল আৰু এই আয়োগক এনেধৰণে
ক্ষমতা প্ৰদান কৰা হৈছিল- The
Commission shall examine request for inclusion of any class citizens as
backward class in the lists and hear complaints over inclusion or under
inclusion of any backward class in such lists and tender such advice to the
Govt. as it deems appropriate. The advice of the Commission shall ordinarily be
binding upon the Govt.
এই
আয়োগ সম্প্রতিও কার্যক্ষম হৈ আছে আৰু অসমৰ মুছলমান জোলহাসকল কিছু পলমকৈ হ'লেও
নিজৰ স্থিতিৰ বিষয়ে সচেতন
হৈ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত হোৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ কাৰণে কুচ্চ্কাৱাজ আৰম্ভ কৰিছে।
অসমৰ
জুলহাসকল যেহেতু তাঁতীৰ পৰা ধৰ্মান্তৰিত মুছলমান আৰু অৰ্থনৈতিক, শৈক্ষিক,
ৰাজনৈতিক, সামাজিকভাবে খুবেই অবহেলিত। অর্থাৎ অন্যান্য পিছপৰা
সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত হোৱাৰ কাৰণে প্রয়োজনীয় আটাইবোৰ উপাদান জুলহাসকলৰ আছে, গতিকে চৰকাৰৰ ওচৰত দৃঢ়ভাবে দাবী উত্থাপন কৰিব পাৰিলে এওঁলোকক,
তাঁতীসকলৰ দৰে অন্যান্য
পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰ বাধ্য হ’ব বুলি আশা
কৰিব পাৰি।
(ভক্তৰডোবা কলেজ আলোচনীত প্ৰকাশিত।২০২৩ চন)
সমাপ্ত

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন