কেইগৰাকীমান মুছলমান স্বাধীনতা সংগ্ৰামীৰ সংক্ষিপ্ত জীৱনী
ভাৰতীয় মুছলমানসকলৰ ৪০ শতাংশ মানুহ দৰিদ্ৰ সীমাৰেখাৰ
তলত বাস কৰে। তেওঁলোকৰ দৈনিক জনমূৰি আয় ৩২.৭০ টকা। মুছলমানসকলৰ শ্ৰমশক্তি ৩৫
শতাংশ। মুছলমানসকল চিলাই, নিৰ্মাণকাৰ্য, কুকিং, কৃষি প্ৰভৃতি কামৰ লগত জড়িত। অৰ্থনৈতিক
ক্ষেত্ৰত মুছলমান সকলৰ অৱদান অনস্বীকাৰ্য। তথাপি মুছলমানসকল সকলো ক্ষেত্ৰতে
হেনস্থাৰ চিকাৰ হৈ আহিছে। অথচ এক কোটি মুছলমানৰ জে’ল আৰু
প্ৰায় ২ কোটী আলিম-উলামাৰ তেজৰ বিনিময়ত ভাৰতবৰ্ষ আজি স্বাধীন। ইণ্ডিয়া গেটত ৯৫,৩০০
গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম খোদিত কৰা আছে, ইয়াৰে ৬১,৩৯৫ গৰাকী মুছলমান। আন এক
তথ্য অনুসৰি ৯২,৩৫৩ গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম খোদিত আছে, ইয়াৰে ৬২,৯৬৫ গৰাকী
মুছলমান। ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মতিলাল নেহৰু,
চৰ্দাৰ বল্লভ ভাই পেটেল প্ৰভৃতিৰ নাম সততে শুনা যায় যদিও মুছলমানসকলৰ নাম তেনেকৈ
শুনা নাযায়। সেয়ে গোগোলৰ সহায়ত কেইগৰাকীমান মুছলমান স্বাধীনতা সংগ্ৰামীৰ সংক্ষিপ্ত
জীৱনী লেখাৰ প্ৰয়াস কৰা হৈছে। তথ্যবিভ্ৰাটৰ কাৰণে মই পাঠকৰ ওচৰত আগতীয়াকৈ
ক্ষমাপ্ৰাৰ্থী। সদাশয় পাঠকে ভুল-ত্ৰুটিসমূহ আঙুলিয়াই দিলে পৰৱৰ্তী পৰ্যায়ত সংশোধন
কৰাৰ প্ৰতিশ্ৰুতি থাকিল। বৰ্তমান
পোন্ধৰজন স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিৱিষ্ট কৰা হৈছে। তথ্য যোগাৰ কৰিব পাৰিলে
আৰু অধিক স্বাধীনতা সংগ্ৰামীৰ নাম সংযোজন কৰাৰ প্ৰতিশ্ৰুতি থাকিল । ইতি- লেখক
সূচীপত্ৰ
(১) চৈয়দ
আতা উল্লাহ শ্বাহ বুখাৰী
(২) হুছেইন
আহমদ মাদানী
(৩) হাকিম
আজমল খান
(৪) বেগম
হজৰত মহল
(৫) আহমাদুল্লাহ
ছাহ
(৬) আশফাকুল্লাহ
খান
(৭) শৌকত
আলী খান
(৮) খাজা
আব্দুল মজিদ
(৯) ড° চাইফুদ্দিন
কিচলিউ
(১০) আবুল কালাম আজাদ
(১১) আবিদ হাছান চফৰানী
(১২) বৰকত আহমদ
(১৩)ফজল-ই-হক
খাইৰাবাদী
(১৪) বখত খান
(১৫) মুখতাৰ
আহমেদ আনছাৰী
চৈয়দ
আতা উল্লাহ শ্বাহ বুখাৰী(জন্ম ২৩ ছেপ্টেম্বৰ ১৮৯২ – মৃত্যু ২১ আগষ্ট
১৯৬১), ভাৰতীয়
উপমহাদেশৰ এজন হানাফী মুছলমান পণ্ডিত, ধৰ্মীয়
আৰু ৰাজনৈতিক নেতা আছিল। তেওঁ মজলিছ-ই-আহৰাৰ-ই-ইছলামৰ অন্যতম
প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁৰ জীৱনীকাৰ আঘা শোৰীশ কাশ্মীৰীয়ে কৈছে যে, বুখাৰীৰ
আটাইতকৈ ডাঙৰ অৱদান আছিল ভাৰতীয় মুছলমাৰ মাজত ব্ৰিটিছ বিৰোধী প্ৰবল অনুভূতি
সৃষ্টি । তেওঁ মহম্মদ আলী জিন্নাহৰ বিৰোধিতা কৰাৰ লগতে স্বাধীন
পাকিস্তান প্ৰতিষ্ঠাৰ ঘোৰ বিৰোধী আছিল। তেওঁ আহমদিয়া আন্দোলনৰ বিৰোধিতা কৰিছিল
আৰু আহমাদীয়া জামাতক বিৰোধিতা কৰা আহৰাৰ(আহৰাৰ আন্দোলন ব্ৰিটিছ ভাৰতৰ মূলতঃ
পঞ্জাৱ অঞ্চলৰ ভিতৰতে ২০ শতিকাৰ আৰম্ভণিতে উদ্ভৱ হোৱা এক উল্লেখযোগ্য
সামাজিক-ৰাজনৈতিক আন্দোলন আছিল।)আন্দোলনৰ অন্যতম উল্লেখযোগ্য নেতা আছিল। চৈয়দ আতা উল্লাহ শ্বাহ বুখাৰীক এগৰাকী
কিংবদন্তি সুবক্তা হিচাপে গণ্য কৰা হয়, যাৰ
বাবে তেওঁ মুছলমানসকলৰ মাজত জনাজাত আছিল।
জন্ম
আৰু শিক্ষা- ১৮৯২ চনৰ ২৩ ছেপ্তেম্বৰত ব্ৰিটিছ ভাৰতৰ পাটনাত তেওঁ
জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ পাকিস্তানৰ গুজৰাটত প্ৰাৰম্ভিক ধৰ্মীয় শিক্ষা
গ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ পিতৃ হাফিজ চৈয়দ জিয়াউদ্দিনৰ পৰা কোৰআন মুখস্থ কৰিবলৈ
শিকিছিল। ১৯১৪ চনত ২২ বছৰ বয়সত তেওঁ অমৃতসৰলৈ প্ৰব্ৰজন কৰে। ইছলামৰ বিশুদ্ধতাবাদী
দৃষ্টিভংগী সমৰ্থন কৰি তেওঁ প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰে আৰু শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত চাহাৰনপুৰ জিলাৰ
দেওবন্দ বিদ্যালয়ৰ সৈতে জড়িত হৈ থাকে। বুখাৰীয়ে অমৃতসৰৰ এটা সৰু মছজিদত ধৰ্ম
প্ৰচাৰক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী ৪০ বছৰ ধৰি তেওঁ কোৰআন
শিকাইছিল। তেওঁৰ সমাজবাদী আৰু কমিউনিষ্টৰ আদৰ্শত বিশ্বাসী বন্ধু আছিল যদিও তেওঁ তেওঁলোকৰ
মতাদৰ্শক সম্পূৰ্ণৰূপে মানি লোৱা নাছিল। তেওঁ ‘ৰোমান্টিক
সমাজবাদ’ (ৰোমান্টিক
সমাজবাদ, যাক
ইউটোপিয়ান সমাজবাদ বুলিও কোৱা হয়, ১৯
শতিকাৰ আৰম্ভণিতে মূলতঃ ঔদ্যোগিক পুঁজিবাদৰ সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ প্ৰতি
সঁহাৰি জনাই উদ্ভৱ হোৱা এক সমাজবাদী মতাদৰ্শ।)ৰ আদৰ্শত বিশ্বাসী আছিল আৰু মুছলমানসকলক সমাজবাদৰ আদৰ্শৰ দিশে লৈ গৈছিল’। চৰকাৰ বিৰোধী ধৰ্মীয় বক্তব্যৰ বাবে তেওঁক
কাৰাগৰত বন্দী কৰি ৰখা হৈছিল। বন্দীত্ব জীৱন যাপন কৰাৰ সময়ত তেওঁ জে’লত ছহীহ বুখাৰী অধ্যয়ন কৰিছিল।
ধৰ্মীয়
আৰু ৰাজনৈতিক জীৱন- ১৯১৬ চনত তেওঁ ধৰ্মীয় আৰু ৰাজনৈতিক জীৱন আৰম্ভ
কৰিছিল। ৰাজনৈতিক জীৱনৰ প্ৰথম
পদক্ষেপ হিচাপে তেওঁ ১৯২১ চনত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ
আন্দোলনত প্ৰথম অংশগ্ৰহণ কৰিছিল আৰু ব্ৰিটিশ বিৰোধী ভাষণ প্ৰদান কৰাৰ অপৰাধত তেওঁক
১৯২১ চনৰ ২৭ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ
পৰাই তেওঁ প্ৰশাসনৰ চকুৰ কূটা হৈ পৰিছিল। জীৱনৰ যথেষ্ট সময় তেওঁ ব্ৰিটিছ বিৰোধী প্ৰচাৰত
কটাইছিল। তেওঁ এজন ভাল বক্তা
আছিল আৰু বক্তৃতাৰ জৰিয়তে তেওঁ শ্ৰোতাক প্ৰভাৱিত কৰিব পাৰিছিল। বুখাৰীয়ে ১৯২৯ চনৰ
২৯ ডিচেম্বৰত মাজহাৰ আলী, আজহাৰ চৌধুৰী, আফজল হক, হাবিব-উৰ-ৰেহমান
লুধিয়ানভি, হিছাম-উদ-দিন, মাষ্টাৰ
তাজ-উদ-দিন আনছাৰী আৰু জাফৰ আলী খানৰ সৈতে মিলি সৰ্বভাৰতীয় মজলিছ-ই-আহৰাৰ-ই-ইছলাম দল গঠন কৰিছিল। চৈয়দ ফৈজ-উল হাছান শ্বাহে তেওঁলোকৰ সৈতে
যোগদান কৰিছিল।(খাতিব-উল-ইছলাম নামেৰে পৰিচিত ফৈজ-উল হাছান
শ্বাহ আছিল পাকিস্তানী ইছলামিক ধৰ্মীয় পণ্ডিত, বক্তা, কবি আৰু
সাহিত্যিক।) বুখাৰী ভাৰতৰ ভাৰতীয়
জাতীয়তাবাদী মুছলমানৰ ৰাজনৈতিক আন্দোলন মজলিছ-ই-আহৰাৰৰো
প্ৰতিষ্ঠাপক আছিল। ১৯৪৩ চনত মজলিছ-ই-আহৰাৰে
ভাৰত বিভাজনৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গৃহণ কৰিছিল আৰু "জিন্নাক কাফিৰ
হিচাপে আখ্যায়িত কৰিছিল।" তেওঁ
আহমদী জামাত(আহমদিয়া আনুষ্ঠানিকভাৱে আহমদিয়া মুছলিম জামাত। ১৯
শতিকাৰ শেষৰ ফালে ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশত উৎপত্তি হোৱা এটা ইছলামিক মচীহ
আন্দোলন। ইয়াক মিৰ্জা গুলাম আহমেদে (১৮৩৫–১৯০৮)
প্ৰতিষ্ঠা কৰিছিল)ৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছিল আৰু ১৯৩৪ চনৰ ২১–২৩
অক্টোবৰত কাদিয়ানত আহৰাৰ তাবলীগ সন্মিলন অনুষ্ঠিত কৰিছিল। বুখাৰী ১৯৫৩ চনত
অনুষ্ঠিত খাটমে নবুৱাত আন্দোলন আৰম্ভ হৈছিল আৰু বুখাৰী খাতমে নবুৱত আন্দোলনৰ এজন
মুখ্য ব্যক্তি আছিল। খাতমে
নবুৱতে পাকিস্তান চৰকাৰৰ ওচৰত কাদিয়ানসকলক অমুছলমান বুলি ঘোষণা কৰিবলৈ দাবী
জনাইছিল।
বক্তৃতা
আৰু কবিতা- বক্তৃতাৰ বাবে তেওঁ সুপৰিচিত হৈ আছিল। তেওঁ এজন কবিও আছিল আৰু
তেওঁ
বেছিভাগ কবিতা পাৰ্চী ভাষাত ৰচনা কৰিছিল। তেওঁৰ কবিতাসমূহ তেওঁৰ জ্যেষ্ঠ পুত্ৰ
চৈয়দ আবুজাৰ বুখাৰীয়ে ১৯৫৬ চনত ছাৱতী-উল-ইলহাম নামেৰে সংকলন কৰিছিল।
মৃত্যু- ১৯৬১
চনৰ ২১ আগষ্টত বুখাৰীৰ মৃত্যু হয়।পাকিস্তানৰ মুলতানৰ তাৰীন ৰোডৰ শিশু চৌহদত তেওঁক
সমাধিস্থ কৰা হৈছে।•
হুছেইন
আহমদ মাদানী (জন্ম ৬
অক্টোবৰ ১৮৭৯ – মৃত্যু ৫ ডিচেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ইছলামিক
পণ্ডিত আছিল আৰু দাৰুল উলুম দেওবন্দৰ অধ্যক্ষ হিচাপে
কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৪ চনত প্ৰথমবাৰৰ কাৰণে অসামৰিক সন্মান পদ্মভূষণ প্ৰদান
কৰা হৈছিল আৰু প্ৰথমবাৰ পদ্মভূষণ সন্মান লাভ কৰা সকলৰ ভিতৰত তেওঁ অন্যতম আছিল।
১৯২০
চনত কংগ্ৰেছ-খিলাফত চুক্তিক দৃঢ় কৰি তোলাত মাদানীয়ে মূল ভূমিকা পালন কৰিছিল আৰু ভাৰতীয়
উলামাসকলৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পৰ্ক সহযোগিতাপূৰ্ণ কৰি তোলাৰ কাৰণে তেওঁ
১৯২০ চনৰ পৰা ১৯৩০ চনলৈকে ধাৰাবাহিকভাবে বক্তৃতা প্ৰদান কৰাৰ লগতে পেমফ্লেট(সৰু
পুস্তিকা) বিতৰণ কৰি ফুৰিছিল। ১৯৩৮ চনত তেওঁৰ গ্ৰন্থ ‘মুত্তাহিদা কৌমিয়ত আৰু ইছলাম’ প্ৰকাশ পাইছিল। তেওঁ সদায় ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল আৰু দেশখন
ঐক্যবদ্ধ হৈ থকাৰ পোষকতা কৰিছিল।
প্ৰাথমিক
জীৱন আৰু বংশ- হুছেইন আহমদ মাদানীৰ জন্ম উত্তৰ প্ৰদেশৰ উন্নাও
জিলাৰ বাংগৰমৌ নামৰ এখন সৰু চহৰত। জন্মৰ সময়ত তেওঁৰ পিতৃয়ে বংগৰমৌত শিক্ষক
হিচাপে কৰ্মৰত আছিল। তেওঁৰ পৰিয়ালটো মূলতঃ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ
টাণ্ডাৰ বাসিন্দা আছিল। তেওঁৰ পিতৃৰ নাম আছিল ছৈয়দ হাবিবুল্লাহ। তেওঁ হুছেইন ইবনে আলীৰ জৰিয়তে হজৰত মহম্মদ(ছাঃ)ৰ ৩৫
প্ৰজন্মৰ বংশধৰ আছিল। হুছেইন আহমদ মাদানীৰ ১৬ প্ৰজন্মৰ তলৰ বংশধৰ ছৈয়দ নুৰুল হকক
দিল্লীৰ সম্ৰাটে টাণ্ডাৰ ২৪ খন গাঁও দান কৰিছিল। অৱশেষত সময়ৰ লগে লগে এই
মাটিৰ কিছু অংশ তেৰখন গাঁও ছৈয়দ হাবিবুল্লাহই ১৭৫৭ চনত উত্তৰাধিকাৰী
সূত্ৰে লাভ কৰিছিল।
দাৰুল
উলুম দেওবন্দৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেওঁ পৰিয়ালসহ মদিনালৈ প্ৰব্ৰজন
কৰিছিল। তেওঁ তাত আৰবী
ব্যাকৰণ, উচুল
আল-ফিকাহ, উচুল
আল-হাদীছৰ লগতে কোৰআনৰ ব্যাখ্যাৰ শিক্ষা দিছিল। তেওঁ মদিনাত ১৮ বছৰ কাল ইছলামিক বিজ্ঞানৰ বিভিন্ন
বিষয়ত পাঠদান কৰিছিল। পাছত তেওঁ ভাৰতলৈ উভতি আহি দাৰুল উলুম দেওবন্দৰ প্ৰধান
শিক্ষক আৰু "শ্বাইখুল হাদীছ" হিচাপে নিযুক্তি লাভ কৰিছিল আৰু এই পদত তেওঁ
প্ৰায় ২৮ বছৰকাল সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল।
স্বাধীনতাৰ
বাবে প্ৰচেষ্টা- ৰেচম(অট্টোমান সাম্ৰাজ্য, আফগানিস্তান আমীৰাট আৰু জাৰ্মান সাম্ৰাজ্যৰ
সৈতে মিত্ৰতা কৰি ভাৰতক ব্ৰিটিছ শাসনৰ পৰা স্বাধীন কৰাৰ লক্ষ্যৰে ১৯১৩ চনৰ পৰা
১৯২০ চনৰ ভিতৰত দেওবন্দী নেতাসকলে আয়োজন কৰা আন্দোলনক ৰেচম চিঠি আন্দোলন বুলি অভিহিত
কৰা হয়।) চিঠিৰ ষড়যন্ত্ৰত তেওঁৰ এগৰাকী শিক্ষাগুৰু
মেহমুদ হাছানক ইংৰাজে গ্ৰেপ্তাৰ কৰি মাল্টা দ্বীপৰ এখন কাৰাগাৰলৈ নিৰ্বাসিত কৰে। যদিও
মাদানী ব্যক্তিগতভাৱে দোষী সাব্যস্ত হোৱা নাছিল, তথাপি তেওঁ স্বেচ্ছাই শিক্ষাগুৰু
মেহমুদ হাছানৰ লগত নিৰ্বাসনলৈ গৈছিল, যাতে তেওঁ মেহমুদ হাছানক চোৱাচিতা কৰিব পাৰে। মেহমুদক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল।
তেওঁলোকক মাল্টালৈ পঠোৱাৰ পাছতে ইছলামিক ৰমজান মাহ আৰম্ভ হৈছিল, কিন্তু মেহমুদ হাছান
বা মাদানী কোনোৱেই কোৰআনৰ হাফিজ নাছিল। তেতিয়া মেহমুদ হাছানে নিজৰ ছাত্ৰ (মাদানী)ক
কৈছিল যে, জীৱনৰ বেছিভাগ সময় তেওঁ সম্পূৰ্ণ কোৰআন নুশুনাকৈ তাৰাৱিহৰ নামাজত
অংশগ্ৰহণ কৰা নাই। হুছেইন
আহমদ মাদানীয়ে শিক্ষকসকলক অতিশয় সন্মান কৰিছিল। সেয়ে মাদানীয়ে নিজৰ শিক্ষকৰ এই
বাক্যটো গুৰুত্বসহকাৰে লৈ কাৰাগাৰত থকাৰ সময়তে কোৰআন মুখস্থ কৰিবলৈ আৰম্ভ কৰিছিল
আৰু তেওঁ দৈনিক কোৰআনৰ এটাকৈ পাৰা মুখস্থ কৰি তাৰাৱিহ নামাজত পাঠ কৰিছিল।
তেনেকৈয়ে তেওঁ ৰমজানৰ ৩০ দিনত গোটেইখন কোৰআন মুখস্থ কৰিছিল, যাতে
তেওঁৰ গুৰু মেহমুদ হাছান কোৰআন শুনাৰ পৰা বঞ্চিত হ’ব লগা
নহয়।
মুক্তিৰ
পাছত হুছেইন আহমদ মাদানী ভাৰতলৈ উভতি আহি স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে জড়িত হৈ
পৰে। মুছলমানসকলৰ এটা অংশৰ ওপৰত তেওঁৰ যথেষ্ট প্ৰভাৱ আছিল, বিশেষকৈ
পূব উত্তৰ প্ৰদেশ আৰু বিহাৰৰ অন্তৰ্গত লোকসকলৰ ওপৰত। মৌলানা মাদানী নতুন দিল্লীৰ
জামিয়া মিলিয়া ইছলামিয়াৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যও আছিল। ১৯২৯ চনৰ ২৯ অক্টোবৰৰ
বৈঠকত শ্বেইখুল-হিন্দ মৌলানা মাহমুদ হাছানৰ নেতৃত্বত গঠিত জামিয়া মিলিয়া
ইছলামিয়াৰ প্ৰতিষ্ঠা সমিতিৰ তেওঁ সদস্য আছিল। তেওঁ জিন্নাহৰ দ্বিজাতি তত্ত্বৰ
বিৰোধী আছিল। ফলত
১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত বৃহৎ সংখ্যক মুছলিম পূব ইউ.পি. আৰু বিহাৰ পৰা পাকিস্তানলৈ
প্ৰব্ৰজন কৰিবলৈ অস্বীকাৰ কৰিছিল। ১৯৫৭ চনত মৃত্যুৰ আগলৈকে তেওঁ জমিয়ত
উলেমা-ই-হিন্দৰ সভাপতি আছিল আৰু মৃত্যুৰ আগলৈকে তেওঁ দাৰুল উলুম দেওবন্দৰ শইখুল
হাদীছৰ পদতো অধিষ্ঠিত আছিল।
ইকবাল
আৰু মাদানীৰ মাজত বিতৰ্ক- হুছেইন আহমদ মাদানী আৰম্ভণিৰ পৰা পাকিস্তানৰ
বিৰোধিতা কৰিছিল। তেওঁ জাতিসমূহ জাতি আৰু ধৰ্মৰ ভিত্তিত নহয়, গৃহভূমিৰ
ভিত্তিত (ভৌগোলিক ভিত্তিত) গঠন কৰাৰ পক্ষপাতি আছিল। কোনো জাতিৰ পৰিচয় ভূমি বা ধৰ্মৰ ওপৰত
নিৰ্ভৰশীল নেকি এই বিষয়ত হুছেইন আহমদ মাদানী আৰু আল্লামা ইকবালৰ মাজত এক
আকৰ্ষণীয় বিতৰ্ক হৈছিল। সেই সময়ৰ প্যান ইছলামিজম আৰু পাকিস্তানৰ সমৰ্থক আগশাৰীৰ এগৰাকী
ব্যক্তি আল্লামা ইকবালে প্ৰথমে এই বিষয়টোক লৈ হুছেইন আহমদ মাদানীৰ সৈতে মতানৈক্য
গঢ়ি তুলিছিল। মহম্মদ ইকবালৰ প্যান ইছলামিজমৰ ধাৰণাটোই ৰাষ্ট্ৰীয় আৰু ভূখণ্ডৰ
সীমা অতিক্ৰম কৰি ইছলামিক মূল্যবোধ আৰু নীতিৰ ওপৰত ভিত্তি কৰি বিশ্ব মুছলমান
সম্প্ৰদায়ৰ (উম্মা) ঐক্য আৰু আধ্যাত্মিক ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
তেওঁ মুছলমান জাতিসমূহৰ ৰাজনৈতিক অৱনতিৰ সৈতে মোকাবিলা কৰিবলৈ ইছলামৰ পুনৰুজ্জীৱন
আৰু শক্তিশালী ইছলামিক পৰিচয়ৰ পোষকতা কৰিছিল। ইকবালে বিশ্বাস কৰিছিল যে ইছলামে
ভাতৃত্ববোধ, সমতা
আৰু ব্যক্তিগত আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ন্যায়পৰায়ণ আৰু
সমতাপূৰ্ণ সমাজৰ বাবে এক কাঠামো তৈয়াৰ কৰে। পাছত অৱশ্যে এই দুগৰাকী নেতাৰ
পাৰস্পৰিক বন্ধু তালুট নামৰ এজন ব্যক্তিয়ে ইকবাল আৰু মাদানী দুয়োকে চিঠি লিখি বিষয়টোৰ
ওপৰত হস্তক্ষেপ কৰিছিল। নতুন
জাতি আৰু গৃহভূমি গঠনৰ বিষয়ে মাদানীয়ে কোৱা কথাখিনি উল্লেখ কৰি মাদানীৰ উদ্দেশ্যৰ
বিষয়ে অধিক স্পষ্টতা আনিবলৈ তালুট সক্ষম হৈছিল। শেষত তালুটৰ হস্তক্ষেপ ফলপ্ৰসূ
হয় আৰু ইকবাল আৰু মাদানী দুয়োজনেই ইজনে সিজনক ভালদৰে বুজিবলৈ সক্ষম হয়। ইয়াৰ
ফলত দুয়োজন মুছলমান নেতাৰ মাজত মিলন ঘটে আৰু ৰাজনৈতিক মতানৈক্য থকা সত্ত্বেও ইকবালে
অৱশেষত এখন ব্যক্তিগতভাবে পত্ৰ লিখি মৌলানা হুছেইন আহমদ মাদানীৰ ইছলামৰ সেৱা আৰু
ভক্তিক সন্মান জনায়। "হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান
আৰু পাৰ্চীসকলক অন্তৰ্ভুক্ত কৰা এখন গণতান্ত্ৰিক চৰকাৰৰ বাবে সকলোৱে যৌথভাৱে
চেষ্টা কৰা উচিত বুলি স্বয়ং হুছেইন আহমদ মাদানীয়ে মতপোষণ কৰিছিল ।"
...
চিলেট-
১৯২৩ চনত কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত মাদানীৰ বাবে কৰ্মসংস্থাপনৰ
প্ৰয়োজনীয়তা আহি পৰে। তেওঁ পূৰ্বে কলিকতাৰ আলিয়া মাদ্ৰাছাত কাৰ্যনিৰ্বাহ কৰিছিল
যদিও দীৰ্ঘদিন কাৰাগাৰত থকাৰ বাবে তাত থকা কৰ্মচাৰীসকলৰ সৈতে তেওঁৰ সম্পৰ্কত ফাট
মেলিছিল। তাত তেওঁৰ কাৰণে
থকা-খোৱাৰ ব্যৱস্থাও নাছিল। বিভিন্ন স্থানৰ পৰা তেওঁক চাকৰিৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে
একে সময়তে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ চৰ্ত আৰোপ কৰা হৈছিল। বংগ বিধান পৰিষদে তেওঁক অগ্ৰিম
৪০,০০০ টকা আৰু মাহিলী ৫০০ টকীয়া দৰমহাত ঢাকা বিশ্ববিদ্যালয়ত
শিক্ষকতা পদৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। ইজিপ্ত
চৰকাৰেও আল-আজহাৰ বিশ্ববিদ্যালয়ৰ শ্বায়খুল হাদীছৰ পদৰ বাবে মাহিলী ১০০০ টকা মাননি
দিবলৈ সন্মত হৈছিল। মাদানীয়ে এই
দুয়োটা প্ৰস্তাৱ নাকচ কৰে। কাজী
জাহুৰুল ইছলামে মাদানীৰ দৰিদ্ৰতালৈ লক্ষ্য কৰি হায়দৰাবাদৰ নিজামৰ লগত যোগাযোগ কৰি
পণ্ডিত আৰু কবিৰ বাবে ষ্টাইপেণ্ড তালিকাত যোগ দিবলৈ অনুৰোধ জনাইছিল। কিন্তু লজ্জাজনক বুলি
ভাবি মাদানীয়ে এই প্ৰস্তাৱো নাকচ কৰিছিল।
মাদানীৰ
চিলেটত থকা অনুগামীসকলে তেওঁক চিলেটলৈ আহি তাত ইছলামিক শিক্ষা ব্যৱস্থাৰ মান উন্নত
কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। কাৰণ
চিলেটক অসম প্ৰদেশত অন্তৰ্ভুক্ত কৰাৰ কাৰণে ইছলামিক ছাত্ৰ-ছাত্ৰীসকলে
ছিহাহ-ই-চিত্তাহৰ দৰে উপযুক্ত শিক্ষাৰ বাবে ঢাকা বা কলিকতালৈ যাবলগীয়া হৈছিল। এইদৰে তেওঁ আন ঠাইৰ পৰা শিক্ষকতাৰ প্ৰস্তাৱ
পোৱাৰ পাছতো চিলেটৰ মানুহৰ আবদাৰত ২ বছৰৰ বাবে চিলেটলৈ আহিছিল। ১৯২৪ চনৰ ডিচেম্বৰ
মাহত মাদানীয়ে চিলেটত প্ৰৱেশ কৰি চিলেটৰ মানিক পীৰৰ টিলাৰ নয়াছাৰ মছজিদৰ ওচৰৰ
খেলাফাত বিল্ডিংত মাদ্ৰাছাৰ পাঠদান আৰম্ভ কৰিছিল। দৈনিক পাঁচ ঘণ্টীয়া ক্লাছত
মাদানীয়ে শ্বাৰহ নুখবাতিল ফিকাৰ, আল-ফাউজ
আল-কবীৰ, জামি তিৰমিজী আৰু অন্যান্য ছিহাহ-ই-চিত্তাহ আদি
কিতাপ শিকাইছিল। তেওঁ তাছাউফতো(আধ্যাত্মিক শিক্ষা) নিজকে বিলীন কৰি দিছিল। তিনি
বছৰৰ পাছত তেওঁ চিলেটলৈ উভতি আহি নিজৰ অনুগামীসকলৰ ওচৰত প্ৰতিশ্ৰুতি দিলে যে, তেওঁ
প্ৰতি ৰমজানতে চিলেট ভ্ৰমণ কৰিবহি। ১৯৪৭ চনত ভাৰত বিভাজনলৈকে মাদানীয়ে এই নিয়ম অব্যাহত
ৰাখিছিল।
সাহিত্যি
কৰ্ম-(১)সংমিশ্ৰিত জাতীয়তাবাদ আৰু ইছলাম
(২)নকশ-ই-হায়াত
(মৌলানা মাদনীৰ আত্মজীৱনী)।
(৩)আছ-ছিহাবুছ
ছাকিব (আহমেদ ৰাজা খান বাৰেলৱীৰ খণ্ডন( অপ্ৰমাণ কৰিব পৰা))
(৪)মাকটুবাত
শ্বেইখ আল-ইছলাম (২০০০ পৃষ্ঠা)।
(৫)ছফৰ
নামা শ্বায়খুল হিন্দ মাহমুদ আল-হাছান (ৰেচম চিঠি আন্দোলনৰ সৈতে জড়িত)।
(৬)তাছাউৰ-ই-শ্বাইখ
(তাছাৱুফৰ সৈতে সম্পৰ্কিত)[24]
বঁটা
আৰু স্বীকৃতি- দেওবন্দৰ মৌলানা মাদানি পথৰ নাম মাদানীৰ নামেৰে ৰখা হৈছে।
১৯৫৪ চনত ভাৰত চৰকাৰৰ পদ্মভূষণ বঁটা প্ৰদান।
ইণ্ডিয়ান
পোষ্ট্যাল বিভাগে ২০১২ চনত তেওঁৰ সন্মানত এখন স্মৃতিচাৰণ ডাক ষ্টাম্প জাৰি কৰিছিল।
তেওঁৰ
প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ কাৰণে বাংলাদেশৰ চিলেটত ‘মাদানি চৌহদ’ নামেৰে
এটি চৌহদৰ নামকৰণ কৰা হৈছে।
মৃত্যু
আৰু উত্তৰাধিকাৰ- ১৯৫৭ চনৰ ৫ ডিচেম্বৰত মাদানিৰ মৃত্যু হয়।তেওঁৰ
অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ জাকাৰিয়া কান্ধলাৱীৰ নেতৃত্বত পঢ়োৱা হৈছিল।ছাহাৰনপুৰৰ এখন কাৰিকৰী মহাবিদ্যালয়ৰ নাম
তেওঁৰ নামেৰে মাদানী কাৰিকৰী প্ৰতিষ্ঠান ৰখা হৈছে।
মাদানীৰ
নামেৰে নামকৰণ কৰা আৰু ১৯৯১ চনত প্ৰতিষ্ঠা কৰা মাদানী কাৰিকৰী প্ৰতিষ্ঠান (এমটিআই)
ভাৰতৰ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ দেওবন্দত অৱস্থিত এখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত
কাৰিকৰী মহাবিদ্যালয়। প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰমে নিয়োগ আৰু প্ৰশিক্ষণ সঞ্চালকালয়
(ডিজিইটি) আৰু ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এনচিভিটি) দুয়োটাৰে
অনুমোদন লাভ কৰিছে। বৰ্তমান এমটিআইয়ে
ড্ৰাফ্টছমেন (চিভিল), ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক্স মেকানিক, ফিটাৰ আৰু ৱায়াৰমেনৰ পাঠ্যক্ৰম আগবঢ়াই আছে।•
১৮৬৮
চনৰ ১১ ফেব্ৰুৱাৰীত (১৭ শ্বাৱাল ১২৮৪) জন্মগ্ৰহণ কৰা আজমল খান মোগল সম্ৰাট বাবৰৰ
দিনত ভাৰতলৈ অহা চিকিৎসকৰ বংশধৰ আছিল। তেওঁৰ
পৰিয়ালৰ আটায়ে ইউনানী চিকিৎসক আছিল আৰু ভাৰতলৈ অহাৰ আগৰে পৰা চিকিৎসাৰ লগত জড়িত
আছিল। তেওঁৰ আতাক হাকিম শ্বৰীফ খান মোগল সম্ৰাট শ্বাহ আলমৰ চিকিৎসক আছিল আৰু
ইউনানী চিকিৎসা শিকোৱা হাস্পাতাল-কম-কলেজ শ্বৰীফ মঞ্জিল নিৰ্মাণ কৰিছিল।
হাকিম
আজমল খানে কোৰআন মুখস্থ শিকিছিল আৰু সৰুতে আৰবী আৰু ফাৰ্চীকে ধৰি পৰম্পৰাগত
ইছলামিক জ্ঞান আহৰণ কৰিছিল, তাৰ পাছত
তেওঁ জ্যেষ্ঠ আত্মীয়ৰ নিৰ্দেশনাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিছিল। টিব-ই-উনানী বা
ইউনানী চিকিৎসাৰ প্ৰচাৰৰ বাবে তেওঁৰ আতাকে শ্বৰীফ মঞ্জিল হাস্পতাল-কম-কলেজ স্থাপন
কৰিছিল, যিটো সমগ্ৰ উপমহাদেশতে অন্যতম শ্ৰেষ্ঠ দানশীল ইউনানী চিকিৎসালয় হিচাপে জনাজাত
আছিল। চিকিৎসালয়খনত দৰিদ্ৰ ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰা হৈছিল। তেওঁ দিল্লীৰ ছিদ্দিকী দাৱাখানাৰ হাকিম আব্দুল
জমিলৰ অধীনত ইউনানী চিকিৎসাশাস্ত্ৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল।
১৮৯২
চনত চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰাৰ লগে লগে হাকিম আজমল খান ৰামপুৰৰ নবাবৰ
মুখ্য চিকিৎসক পদত নিযুক্ত হৈছিল। তেওঁক "মাছিহা-ই-হিন্দ"
(ভাৰতৰ ৰোগ নিৰাময়কাৰী) আৰু "মুকুটবিহীন ৰজা" হিচাপে প্ৰশংসা কৰা হৈছিল। হাকিম আজমল খান চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ পিতৃৰ
দৰেই অলৌকিক নিৰাময়কাৰী শক্তিৰ অধিকাৰী আছিল। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ বুদ্ধিমত্তা
ইমানেই প্ৰখৰ আছিল যে, মানুহৰ মুখখন চায়েই তেওঁ যিকোনো ৰোগ নিৰ্ণয় কৰিব পাৰিছিল
বুলি কোৱা হয়। হাকিম আজমল খানে চহৰৰ পৰা বাহিৰলৈ গলে প্ৰতিদিনে ১০০০ টকাকৈ মাননি লৈছিল
যদিও ৰোগীজন দিল্লীলৈ আহিলে তেওঁৰ চিকিৎসা
বিনামূলীয়াকৈ কৰিছিল, সমাজত ৰোগীজনৰ
স্থান যিয়েই নহওক কিয়।
ভাৰতীয়
স্বাধীনতা আন্দোলন, জাতীয়
সংহতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণে আগবঢ়োৱা অতুলনীয় অৱদানৰ কাৰণে আজমল খান
তেওঁৰ যুগৰ আটাইতকৈ উল্লেখযোগ্য আৰু বহুমুখী ব্যক্তিত্ব আছিল বুলি প্ৰমাণিত হয়।
তেওঁ
ইউনানী চিকিৎসা থলুৱাভাবে সম্প্ৰসাৰণ আৰু বিকাশৰ কাৰণে খুবেই আগ্ৰহ প্ৰকাশ কৰিছিল
আৰু সেই উদ্দেশ্যে তেওঁ তিনিখন গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল- দিল্লীৰ
কেন্দ্ৰীয় মহাবিদ্যালয়, হিন্দুস্তানী
দাৱাখানা আৰু দিল্লীৰ আয়ুৰ্বেদিক আৰু ইউনানি টিবিয়া মহাবিদ্যালয়। আয়ুৰ্বেদিক আৰু ইউনানি টিব্বিয়া কলেজখন
বিশেষভাবে পৰিচিত আছিল। অনুষ্ঠান কেইখনে ভাৰতত ইউনানী চিকিৎসা শাস্ত্ৰক বিলুপ্তিৰ
পৰা ৰক্ষা কৰিছিল। তেওঁৰ অক্লান্ত প্ৰচেষ্টাই ব্ৰিটিছ শাসনৰ অধীনত ক্ষয়িষ্ণু
ইউনানী চিকিৎসা ব্যৱস্থাত এক নতুন শক্তি আৰু উদ্যম সঞ্চাৰ কৰিছিল।
হাকিম
আজমল খানে ৰসায়নবিদ ডাঃ ছালিমুজ্জামান ছিদ্দিকীৰ প্ৰতিভাকো স্বীকৃতি দিছিল। ডাঃ
ছালিমুজ্জামানে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত ব্যৱহৃত গুৰুত্বপূৰ্ণ ঔষধি উদ্ভিদৰ ওপৰত
কৰা গৱেষণাই ইউনানী চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছিল।
অন্যতম
প্ৰতিষ্ঠাপক হিচাপে আজমল খান ১৯২০ চনৰ ২২ নৱেম্বৰত জামিয়া মিলিয়া ইছলামিয়া
বিশ্ববিদ্যালয়ৰ প্ৰথম চ্যান্সেলৰ নিৰ্বাচিত হৈছিল আৰু ১৯২৭ চনত মৃত্যুৰ আগলৈকে তেওঁ
এই পদত অধিষ্ঠিত আছিল। ১৯২৫
চনত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়খন আলিগড়ৰ পৰা দিল্লীলৈ স্থানান্তৰিত
হোৱাৰ ক্ষেত্ৰত হাকিম আজমল খানে মুখ্য ভূমিকা পালন কৰিছিল। বিশ্ববিদ্যালয়খন স্থানান্তৰৰ
পদক্ষেপক তেওঁ সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল আৰু আৰ্থিক সংকটৰ সময়ত বিশ্ববিদ্যালয়খনৰ
বেছিভাগ খৰচ তেওঁ নিজৰ পকেটৰ পৰাই বহন কৰিছিল।
ৰাজনীতি- উৰ্দু
সাপ্তাহিক আকমল-উল-আখবাৰৰ বাবে লিখিবলৈ আৰম্ভ কৰাৰ পাছত হাকিম আজমল খানৰ ক্ষেত্ৰ চিকিৎসা
বিজ্ঞানৰ পৰা বিশেষভাবে ৰাজনীতিলৈ সলনি হৈছিল। ১৯০৬ চনত ছিমলাত ভাৰতৰ ভাইচৰয়ক সাক্ষাৎ কৰি স্মাৰক
পত্ৰ প্ৰদান কৰা মুছলমান দলটোৰ নেতৃত্ব দিছিল আজমল খানে। ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ঢাকাত অল ইণ্ডিয়া
মুছলিম লীগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। যি সময়ত বহু
মুছলমান নেতা গ্ৰেপ্তাৰৰ সন্মুখীন হ’বলগীয়া
হৈছিল, সেই
সময়ত আজমল খানে দিল্লীত আয়ুৰ্বেদিক আৰু ইউনানী টিব্বিয়া মহাবিদ্যালয় (A & U Tibbia College) প্ৰতিষ্ঠা কৰাৰ বাবে ১৯১৭ চনত মহাত্মা গান্ধীৰ ওচৰলৈ
সহায় বিচাৰি গৈছিল। তেতিয়াই তেওঁৰ মৌলানা আজাদ, মৌলানা
মহম্মদ আলী জৌহৰ আৰু মৌলানা শৌকত আলীৰ দৰে মুছলমান নেতাৰ লগত পৰিচয় হৈছিল আৰু তেওঁলোকৰ
লগত লগলাগি খিলাফত আন্দোলন গঢ়ি তুলিছিল। একেধাৰে
ইণ্ডিয়ান নেচনেল কংগ্ৰেছ, মুছলিম
লীগ আৰু অল ইণ্ডিয়া খিলাফত কমিটিৰ সভাপতি পদত নিৰ্বাচিত হোৱা তেঁৱে একমাত্ৰ
ব্যক্তি আছিল। ১৯৮৭
চনত ভাৰত চৰকাৰে ভাৰতৰ ডাকটিকটত হাকিম আজমল খানৰ নাম জাৰি কৰিছিল।
মৃত্যু
আৰু উত্তৰাধিকাৰ- ১৯২৭ চনৰ ২৯ ডিচেম্বৰত হৃদযন্ত্ৰৰ সমস্যাত আক্ৰান্ত হৈ
মৃত্যুৰ পূৰ্বে হাকিম আজমল খানে "হাজিক-উল-মুলক" আৰু "কাইজাৰ-ই-হিন্দ",
চৰকাৰী উপাধি আৰু স্বৰ্ণ পদক ত্যাগ কৰে। বহু ভাৰতীয় অনুগামীয়ে তেওঁক
মছিহ-উল-মুলক (জাতিৰ ৰোগ নিৰাময়কাৰী) উপাধি প্ৰদান কৰিছিল। তেওঁৰ পাছত মুখতাৰ
আহমেদ আনছাৰীয়ে জামিয়া মিলিয়া ইছলামিয়াৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ
কৰিছিল।
ভাৰত বিভাজনৰ
পাছত আজমল খানৰ নাতি হাকিম মহম্মদ নবী খান পাকিস্তানলৈ গুচি গৈছিল। হাকিম নবীয়ে আতাকৰ
পৰা টিব্ব (চিকিৎসা চৰ্চা কেনেকৈ কৰিব লাগে) শিকিছিল আৰু পাকিস্তানৰ লাহোৰত ‘দৱাখানা হাকিম আজমল খান’ খোলাৰ পাশাপাশি সমগ্ৰ পাকিস্থানত ইয়াৰ শাখা
খুলিছিল। আজমল খানৰ পৰিয়ালৰ
মূলমন্ত্ৰ হৈছে- আজল-উল-আল্লাহ-খুদাতুলমাল, অৰ্থাৎ
নিজকে ব্যস্ত ৰখাৰ সৰ্বোত্তম উপায় হ’ল
মানৱতাৰ সেৱা কৰা।
দিল্লীৰ
কেৰল বাগৰ টিব্বিয়া কলেজ ওচৰত আজমল খানক সমাধিস্থ কৰা হৈছে। তেওঁৰ পৰিয়ালৰ আন সদস্যসকলকো তাতে সমাধিস্থ
কৰা হৈছে।•
বেগম হজৰত মহল
অৱধৰ
বেগম হিচাপে জনাজাত বেগম হজৰত মহল(জন্ম ১৮২০ – মৃত্যু ৭ এপ্ৰিল ১৮৭৯), অৱধৰ
নবাব ৱাজিদ আলী শ্বাহৰ দ্বিতীয় পত্নী আছিল। ১৮৫৬
চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নবাব ৱাজিদ আলী শ্বাহক পদচ্যুত কৰি কলিকতালৈ
নিৰ্বাসিত কৰাৰ পাছত তেওঁৰ নাবালক পুত্ৰ ৰাজকুমাৰ বীৰজিছ কাদৰক অৱধৰ শাসক নিযুক্ত কৰে।
ফলত বেগম হজৰত মহলে নাবালক পুত্ৰৰ অভিভাৱক হিচাপে শাসনভাৰ চম্ভালে। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ
ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সেয়ে অলপ দিনৰ পাছত তেওঁক এই দায়িত্ব পৰিত্যাগ
কৰিবলৈ বাধ্য কৰোৱা হয়। পদত্যাগ
কৰাৰ পাছত তেওঁ ভাৰতৰ উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাৰ ডোমৰীয়াগঞ্জ তহচিলত
অৱস্থিত হালাউৰ বা হল্লোৰ গাঁওৰ মাজেদি গৈ অৱশেষত নেপালত আশ্ৰয় গ্ৰহণ কৰে আৰু
১৮৭৯ চনত তাতে তেওঁৰ মৃত্যু হয়। ভাৰতীয় বিদ্ৰোহৰ সময়ত গ্ৰহণ কৰা ভূমিকাৰ বাবে
তেওঁক ভাৰতৰ উত্তৰ-ঔপনিৱেশিক ইতিহাসত নায়কৰ মৰ্যাদা প্ৰদান কৰিছে।
প্ৰাথমিক
জীৱন- বেগম হজৰত মহলৰ ১৮২০ চনত অৱধ ৰাজ্যৰ পূৰ্বৰ
ৰাজধানী ফৈজাবাদত জন্ম হৈছিল। বেগম
হজৰত মহলৰ পিতৃ-মাতৃ খুবেই দুখীয়া আছিল। সেয়ে দৰিদ্ৰতাৰ বাবে পিতৃ-মাতৃয়ে তেওঁক শিশু
অৱস্থাত অৱধৰ ৰাজকীয় হাৰেমত বিক্ৰী কৰি দিছিল। এয়া তেতিয়া তেনেই এটা সাধাৰণ প্ৰথা
আছিল, য’ত ব্যক্তি বিশেষকৈ মহিলাক বিক্ৰী কৰি পৰিয়ালৰ
দৰিদ্ৰতা দূৰ কৰা হৈছিল।
অৱধৰ
নবাব ৱাজিদ আলী শ্বাহে বেগম হজৰত মহলক বিয়া কৰাই দ্বিতীয় পত্নীৰ মৰ্যদা দিছিল। ১৮৫৭ চনৰ পৰা
১৮৫৮ চনলৈকে তেওঁ অৱধৰ বেগম নামেৰে পৰিচিত আছিল। তেওঁৰ বাল্যকালৰ নাম আছিল
মুহাম্মাদী খানম। অৱধৰ নবাব ৱাজিদ আলী শ্বাহে তেওঁক দ্বিতীয় পত্নী হিচাপে গ্ৰহণ
কৰাৰ পাছত তেওঁ বেগম নামেৰে পৰিচিত হৈছিল। তেওঁলোকৰ পুত্ৰ বীৰজিছ কাদৰৰ জন্মৰ পাছত
তেওঁক ‘হজৰত মহল’ উপাধি প্ৰদান
কৰা হৈছিল। ১৮৫৬ চনত ইংৰাজে অৱধক নিজৰ অধীনলৈ নি ৱাজিদ
আলী শ্বাহক কলিকতালৈ নিৰ্বাসিত কৰিছিল। তেতিয়া বেগম
হজৰত মহল পুত্ৰৰ সৈতে লক্ষ্ণৌত আছিল আৰু তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ
সৈতে বিদ্ৰোহ ঘোষণা কৰি অৱধৰ শাসনভাৰ চম্ভালি লৈছিল।
১৮৫৭
চনৰ ভাৰতীয় বিদ্ৰোহ- ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত ৰজা হনুমন্ত সিংকে ধৰি বেগম
হজৰত মহলৰ সমৰ্থকৰ দলটোৱে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ৰাজা জেইলাল সিঙৰ
নেতৃত্বত বেগম হজৰত মহলৰ লগত জড়িত বিপ্লৱীসকলে লক্ষ্ণৌ দখল কৰে আৰু বেগম হজৰত মহলে নাবালক
পুত্ৰ ৰাজকুমাৰ বীৰজিছ কাদৰক অৱধৰ শাসক (ৱালি) হিচাপে ঘোষণা কৰি নিজে অভিভাৱক
হিচাপে অৱধৰ ক্ষমতা দখল কৰে। ভাৰপ্ৰাপ্ত শাসক (ৰিজেণ্ট) হিচাপে তাই
স্বয়ংক্ৰিয়ভাৱে ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহত নেতৃত্ব প্ৰদান কৰিছিল।
বেগম
হজৰত মহলৰ প্ৰধান অভিযোগ আছিল এয়ে যে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেৱল ৰাস্তাৰ
বাবে ঠাই মুকলি কৰিবলৈ আকস্মিকভাৱে মন্দিৰ আৰু মছজিদ ভাঙি পেলাইছিল। বিদ্ৰোহৰ
অন্তিম দিনকেইটাত ব্ৰিটিছে পূজাৰ স্বাধীনতাৰ অনুমতি প্ৰদান কৰা ঘোষণাক তেওঁ উপহাস
কৰিছিল:-গাহৰি খাই মদ খোৱা,
কাৰ্টিজত গাহৰিৰ চৰ্বি মিহলি কৰা, ৰাস্তা নিৰ্মাণৰ অভিনয় কৰি হিন্দুৰ
মন্দিৰ আৰু মুছলমানৰ মছজিদ ধ্বংস কৰা, গীৰ্জা
নিৰ্মাণ কৰা, খ্ৰীষ্টান
ধৰ্মৰ প্ৰচাৰৰ বাবে ৰাজপথলৈ ধৰ্মগুৰু পঠোৱা, ইংৰাজী
বিদ্যালয় প্ৰতিষ্ঠা কৰা, ইংৰাজী আৰু
বিজ্ঞান শিকাৰ বাবে মানুহক মাহেকীয়া ষ্টাইপেণ্ড দিয়া আদি কাৰ্য চাই মানুহে
কেনেকৈ বিশ্বাস কৰিব পাৰে যে ধৰ্মৰ বিৰুদ্ধে হস্তক্ষেপ কৰা নহ'ব?
বেগম হজৰত
মহলে প্ৰথমতে নানা চাহেবৰ লগত সহযোগিতা কৰি কাম কৰিছিল যদিও পাছলৈ ফৈজাবাদৰ মৌলৱীৰ
লগত যোগ দি তেওঁ শ্বাহজাহানপুৰত আক্ৰমণ চলাইছিল। তেতিয়া ব্ৰিটিছ বাহিনীয়ে লক্ষ্ণৌ
আৰু অধিকাংশ অৱধ পুনৰ দখল কৰিছিল আৰু তেওঁ পিছুৱাই যাবলৈ বাধ্য হৈছিল।
পৰৱৰ্ত্তী
জীৱন- শেষত তেওঁ নেপাললৈ পিছহোঁহকি যাবলগীয়া হৈছিল। তেওঁ
প্ৰথমে নেপালৰ প্ৰধানমন্ত্ৰী ৰানা জং বাহাদুৰৰ আশ্ৰয় খুজিছিল;কিন্তু জং বাহাদুৰে তেওঁক আশ্ৰয় প্ৰদান কৰিবলৈ
অস্বীকাৰ কৰিছিল। পাছত অৱশ্যে কিবা ভাবি তেওঁক থাকিবলৈ দিছিল।
১৮৭৯
চনত নেপালতে তেওঁৰ মৃত্যু হয় আৰু কাঠমাণ্ডুৰ জামা মছজিদৰ চৌহদত থকা নামহীন কবৰত তেওঁক
সমাধিস্থ কৰা হয়।
বেগম
হজৰত মহলৰ মৃত্যুৰ পাছত ৰাণী ভিক্টোৰিয়াৰ জয়ন্তী (১৮৮৭) উপলক্ষে ব্ৰিটিছ চৰকাৰে
বীৰজিছ কাদৰক ক্ষমা কৰি নিজ গৃহলৈ উভতি আহিবলৈ অনুমতি দিছিল।
স্মৃতিসৌধ-
কাঠমাণ্ডুৰ মধ্যভাগত বিখ্যাত দৰবাৰ মাৰ্গৰ পৰা অনতিদূৰত ঘন্টাঘৰৰ জামা মছজিদৰ ওচৰত
বেগম হজৰত মহলৰ সমাধিস্থল। জামা মছজিদৰ কেন্দ্ৰীয় সমিতিয়ে সমাধিস্থল চোৱাচিতা
কৰে।
ভাৰতীয়
বিদ্ৰোহৰ সময়ত নেতৃত্ব প্ৰদানৰ কাৰণে বেগম হজৰত মহলৰ সন্মানাৰ্থে ১৯৬২ চনৰ ১৫
আগষ্টত লক্ষ্ণৌৰ হজৰতগঞ্জৰ পুৰণি ভিক্টোৰিয়া উদ্যানখনৰ নাম সলনি কৰি বেগম হজৰত
মহল পাৰ্ক ৰখাৰ লগতে মাৰ্বলৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে, য’ত অৱধ
ৰাজপৰিয়ালৰ জাতীয় পতাকা থকা পিতলৰ চাৰিখন ঘূৰণীয়া ফলক সম্বলিত মাৰ্বলৰ ফলক এখনো
আছে। এই উদ্যানখন দশেৰাৰ সময়ত ৰামলীলা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাবে ব্যৱহাৰ
কৰা হয়, লগতে লক্ষ্ণৌ মহোৎসৱ (লক্নৌ এক্সপ'জিচন)ৰ বাবেও ব্যৱহাৰ কৰা হয় উদ্যানখন।
১৯৮৪
চনৰ ১০ মে'ত ভাৰত
চৰকাৰে হজৰত মহলৰ সন্মানত স্মৃতি ষ্টাম্প জাৰি কৰিছিল।
ভাৰত চৰকাৰৰ
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্গত মেৰিটৰিয়াছ(মেধাসম্পন্ন)
ছোৱালীৰ বাবে বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি প্ৰচলন কৰিছে। এই বৃত্তি মৌলানা
আজাদ এডুকেচন ফাউণ্ডেশ্যনৰ জৰিয়তে ৰূপায়ণ কৰা হয়।•
আহমাদুল্লাহ
ছাহ
ফৈজাবাদৰ
মৌলৱী হিচাপে বিখ্যাত আহমদুল্লা শ্বাহ (১৭৮৭ – ৫ জুন
১৮৫৮) এগৰাকী বিখ্যাত স্বাধীনতা সংগ্ৰামী আৰু ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ নেতা
আছিল। জৰ্জ ব্ৰুচ মেলেছন আৰু থমাছ ছিটনৰ দৰে ব্ৰিটিছ বিষয়াই আহমদুল্লাৰ সাহস, বীৰত্ব,ব্যক্তিত্ব আৰু সাংগঠনিক ক্ষমতাৰ বিষয়ে
উল্লেখ কৰিছে। জি বি মেলেছনে ১৮৫৭
চনৰ ভাৰতীয় বিদ্ৰোহৰ বিষয়ে ৬ খণ্ডত লিখা গ্ৰন্থ হিষ্ট্ৰী অৱ ইণ্ডিয়ান বিদ্ৰোহত
আহমদুল্লাৰ কথা বাৰে বাৰে উল্লেখ কৰিছে। থমাছ ছিটনে আহমদুল্লা শ্বাহক এইদৰে বৰ্ণনা
কৰিছে:আহমাদুল্লাহ ছাহ
এজন মহান ক্ষমতাসম্পন্ন, নিৰ্ভীক সাহসী, কঠোৰ
দৃঢ়চেতা আৰু বিদ্ৰোহীসকলৰ ভিতৰত শ্ৰেষ্ঠ সৈনিক আছিল।
— থমাছ ছিটনৰ মতে, আহমাদুল্লাহ ছাহ এগৰাকী নৈষ্ঠিক
মুছলমান হোৱাৰ উপৰিও তেওঁ ফৈজাবাদৰ ধৰ্মীয় ঐক্য আৰু গংগা-যমুনা সংস্কৃতি(উত্তৰ ভাৰতৰ মধ্য সমভূমিৰ সংমিশ্ৰিত উচ্চ
সংস্কৃতি বিশেষকৈ গংগা আৰু যমুনা নদীৰ দোৱাব অঞ্চল, যিটো হৈছে মুছলমানৰ সাংস্কৃতিক উপাদানসমূহৰ
সংমিশ্ৰিত উপাদান। দক্ষিণ এছিয়াৰ ইতিহাসত হিন্দু আৰু মুছলমানৰ মাজত হোৱা
পাৰস্পৰিক ক্ৰিয়াৰ বাবেই সংমিশ্ৰিত গংগা-যমুনা সংস্কৃতিৰ উত্থান ঘটিছিল।)ৰ প্ৰতিমূৰ্তিও আছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত
নানা চাহাব আৰু খান বাহাদুৰ খানৰ দৰে ৰাজকীয় লোকে আহমদুল্লাৰ সৈতে একেলগে যুঁজিছিল।
ব্ৰিটিছসকলে আহমাদুল্লাহ ছাহক কেতিয়াও জীৱিত অৱস্থাত কৰায়ত্ত কৰিব পৰা নাছিল।
তেওঁক বন্দী কৰিবলৈ ৫০ হাজাৰ টুকুৰা ৰূপৰ মুদ্ৰা ঘোষণা কৰা হৈছিল। অৱশেষত পৱায়নৰ
ৰজা ৰাজা জগন্নাথ সিঙে তেওঁক হত্যা কৰি মূৰ কাটি মূৰটো ব্ৰিটিছক উপহাৰ দিছিল। ইয়াৰ
বাবে ৰাজা জগন্নাথক ঘোষিত পুৰস্কাৰ দিয়া হৈছিল। পাছদিনাই আহমাদুল্লাহ ছাহৰ মূৰটো
কোটৱালি(থানা)ত ওলমি থকা দেখা গৈছিল।
পৰিয়াল-
আহমদুল্লাৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ হৰদয় জিলাৰ গোপামৌ গাঁৱৰ অধিবাসী আছিল। তেওঁৰ
পিতৃ গুলাম হুছেইন খান নিজাম হাইদৰ আলীৰ মহীশূৰ সেনাবাহিনীত মিলিটাৰী জেনেৰেল
আছিল। জি বি মেলেছনে আহমাদুল্লাহ ছাহৰ ব্যক্তিত্বৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে:-মৌলৱী
এজন উল্লেখযোগ্য ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁৰ নাম আছিল আহমাদ উল্লাহ
ছাহ আৰু তেওঁৰ জন্মস্থান আছিল অৱধৰ ফৈজাবাদ। ব্যক্তিগতভাৱে তেওঁ ওখ, ক্ষীণ আৰু পেশীবহুল, ডাঙৰ গভীৰ চকু, যোৰ
ভ্ৰূ, ঈগল চাইৰ ঠোঁটৰ দৰে ওখ নাক আৰু তেওঁ দীঘল পাতল
চোলা পিন্ধিছিল।
আহমাদুল্লাহ
ছাহ চুন্নী মুছলমান আৰু ধনী পৰিয়ালৰ সন্তান আছিল। তেওঁৰ ইংৰাজীত ভাল দখল আছিল।
পৰম্পৰাগত ইছলামিক শিক্ষা লাভ কৰাৰ পাছত মৌলৱীয়ে সামাজিক ক্ষেত্ৰতো প্ৰশিক্ষণ লাভ
কৰিছিল। তেওঁ ইংলেণ্ড, ৰাছিয়া, ইৰাণ, ইৰাক, মক্কা আৰু মদিনা ভ্ৰমণ কৰিছিল আৰু হজ্জব্ৰতও
পালন কৰিছিল।
১৮৫৭
চনৰ বিদ্ৰোহৰ আগতে- মৌলৱী আহমদুল্লাহ শ্বাহে বিশ্বাস কৰিছিল যে,
সশস্ত্ৰ বিদ্ৰোহৰ সফলতাৰ বাবে জনসাধাৰণৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ। সেয়ে দিল্লী, মীৰাট, পাটনা, কলিকতা আদি কেইবাখনো ঠাই ভ্ৰমণ কৰি তেওঁ মানুহৰ
অন্তৰত স্বাধীনতাৰ বীজ সিঁচিছিল। তেওঁ ফজল-ই-হক খাইৰাবাদৰ লগত লগ লাগি ব্ৰিটিছৰ
বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল। ১৮৫৭ চনৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ আগতেই তেওঁ ফতেহ ইছলাম
নামৰ প্যাম্প্লেট(পুস্তিকা) ছপাই ব্ৰিটিছৰ বিৰুদ্ধে জেহাদৰ প্ৰয়োজনীয়তাৰ বিষয়ে
প্ৰচাৰ কৰিছিল।
জি বি
মেলেছনৰ মতে, "১৮৫৭
চনৰ বিদ্ৰোহৰ ষড়যন্ত্ৰৰ আঁৰত মৌলৱীৰ মগজু আৰু প্ৰচেষ্টাই যে উল্লেখযোগ্য ভূমিকা
পালন কৰিছিল সেয়া নিঃসন্দেহে ক’ব পৰা
যায়।। অভিযানৰ সময়ত ৰুটি বিতৰণ অৰ্থাৎ চাপাতি
আন্দোলন আচলতে তেওঁৰ মগজু প্ৰসূত আছিল।
পাটনাত
গ্ৰেপ্তাৰ- জি বি মেলেছনৰ মতে, আহমদুল্লাহ
শ্বাহ যেতিয়া পাটনাত আছিল, তেতিয়া হঠাতে
পূৰ্বৰ কোনো জাননী বা কোনো তথ্য নোহোৱাকৈয়ে পঞ্জাৱৰ পৰা এজন বিষয়া আহি পাটনাত
উপস্থিত হৈছিল। আহমদুল্লাহ শ্বাহৰ জীৱনৰ আধাৰত ৰশ্মী কুমাৰীয়ে লিখা এখন গ্ৰন্থত বিষয়াজনক
লেফটেনেণ্ট থাৰ্চবাৰ্ন বুলি উল্লেখ কৰা হৈছে। পকেটত ৱাৰেণ্ট লৈ লেফটেনেণ্ট
থাৰ্চবাৰ্ন পাটনাৰ সাদিকপুৰত উপস্থিত হৈছিল। আৰক্ষীৰ
সহায়ত তেওঁ আহমদুল্লা শ্বাহৰ ঘৰত প্ৰৱেশ কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰু ষড়যন্ত্ৰৰ
অভিযোগত প্ৰথমে মৌলৱীক মৃত্যুদণ্ড বিহা হৈছিল। পাছলৈ অৱশ্যে এই শাস্তি আজীৱন
কাৰাদণ্ডলৈ হ্ৰাস কৰা হৈছিল।
১৮৫৭
চনৰ ১০ মে’ত
বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছত ৭ জুনত আজমগড়, বেনাৰস
আৰু জৌনপুৰৰ পৰা বিদ্ৰোহী চিপাহীসকল আহি পাটনাত উপস্থিত হৈছিল। বিদ্ৰোহীসকলে ইতিমধ্যে পলাতক হৈ থকা ইংৰাজ
বিষয়াৰ বাংলোত আক্ৰমণ চলাইছিল আৰু চহৰখন দখল কৰাৰ পাছত চৰকাৰী ভঁৰাল দখল কৰিছিল। তাৰ পাছত জে’লৰ ফালে
আগবাঢ়ি গৈ তেওঁলোকে মৌলৱী আৰু আন আন বন্দীসকলক মুকলি কৰি দিছিল। বিদ্ৰোহীসকলে মানসিংহক পাটনাৰ ৰজা ঘোষণা কৰাৰ
পাছত মৌলৱী আহমদুল্লাহ অৱধৰ ফালে আগবাঢ়ি গৈছিল।
১৮৫৭
আৰু ১৮৫৮ চনৰ ভাৰতীয় বিদ্ৰোহ- অৱধৰ বিদ্ৰোহী সেনাৰ নেতৃত্বত আছিল বৰকত আহমদ
আৰু মৌলৱী আহমদুল্লা শ্বাহ। চিনহাটৰ যুদ্ধত বৰকত আহমদক বিদ্ৰোহীৰ মুখ্য সেনা
বিষয়া হিচাপে ঘোষণা কৰা হৈছিল। ব্ৰিটিছ সেনাৰ নেতৃত্বত থকা হেনৰী মণ্টগোমেৰী
লৰেন্সে ১৮৫৭ চনৰ ৪ জুলাইত ৰেচিডেন্সি বিল্ডিঙ ঘেৰাও কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ
মৃত্যুবৰণ কৰে। ফলত এই তয়াময়া ৰণত বিদ্ৰোহী সেনাই জয়লাভ কৰে।
বেলিগৰাডৰ
যুদ্ধত ফৈজাবাদৰ মৌলৱী হিচাপে খ্যাত আহমদুল্লাহ শ্বাহে বিদ্ৰোহী সৈন্যবাহিনীৰ
নেতৃত্ব দি ব্ৰিটিছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। তেওঁ নিজৰ সামৰিক দক্ষতা
ব্যৱহাৰ কৰি ব্ৰিটিছ বাহিনীক বেলিগাৰাডলৈ ঠেলি পঠাইছিল। ইয়াৰ পাছত তেওঁ ব্যক্তিগতভাৱে
বেলিগাৰাডত আক্ৰমণৰ নেতৃত্ব দিছিল আৰু "মাচ্ছি ভৱন" নামৰ এটা বৃহৎ অট্টালিকা
উৰুৱাই দিছিল। সাহিত্যিক
কৈছাৰ-উৎ-তাৱাৰিখে উল্লেখ কৰিছে যে, বিদ্ৰোহীসকলৰ বাবে সেয়া আছিল এক বৃহৎ জয়
আছিল। মৌলৱীয়ে প্ৰকৃতাৰ্থত অতি সাহস আৰু দক্ষতাৰে
যুঁজিছিল। যাৰ
বাবে তেওঁ ব্ৰিটিছক বেলিগাৰাডলৈ ঠেলি পঠিওৱাত সফল হৈছিল।
বিদ্ৰোহীসকলে
লক্ষ্ণৌ দখল কৰাৰ পাছত ৱাজিদ আলী শ্বাহ আৰু বেগম হজৰত মহলৰ দহ বছৰীয়া পুত্ৰ
বীৰজিছ কাদৰক শাসক হিচাপে ঘোষণা কৰা হৈছিল। মৌলৱীয়ে নতুন প্ৰশাসনৰ অংশীদাৰ
হোৱাৰ বিৰোধিতা কৰিছিল আৰু ৰাজপ্ৰসাদৰ ৰাজনীতি এৰি ঘামাণ্ডী সিং আৰু চুবেদাৰ উমৰাও
সিংহৰ ১০০০ সৈনিকৰ সৈতে গোমতি নদীৰ সিপাৰে অৱস্থিত বাদশ্বাহ বাগত নিজৰ শিবিৰ
স্থাপন কৰিছিল।
১৮৫৮
চনৰ ৬ মাৰ্চত ব্ৰিটিছ সেনাবাহিনীৰ এজন প্ৰখ্যাত বিষয়া ছাৰ কলিন কেম্পবেলৰ
নেতৃত্বত ব্ৰিটিছ বাহিনীয়ে পুনৰ লক্ষ্ণৌ আক্ৰমণ কৰিছিল। তেতিয়া বিদ্ৰোহী সেনাৰ নেতৃত্বত আছিল বেগম হজৰত
মহল। ব্ৰিটিছে লক্ষ্ণৌ দখল কৰাৰ লগে লগে ১৫ আৰু ১৬ মাৰ্চত ফৈজাবাদলৈ যোৱা এটা বাটেৰে
বিদ্ৰোহীসকল পলায়ন কৰে। শেষৰজন বিদ্ৰোহী আহমদুল্লাহ শ্বাহৰ অধীনত থকা ১২০০ জন বিদ্ৰোহীক
২১ মাৰ্চত চহৰৰ মাজমজিয়াত থকা এটা সুৰক্ষিত গৃহৰ পৰা খেদি পঠিওৱা হৈছিল আৰু
মহানগৰখন বিপদমুক্ত বুলি ঘোষণা কৰা হৈছিল।
লক্ষ্ণৌৰ
পৰাজয়ৰ পাছত আহমদুল্লাহ শ্বাহে নিজৰ ঘাটি ৰোহিলখণ্ডৰ শ্বাহজাহানপুৰলৈ স্থানান্তৰিত
কৰে। শ্বাহজাহানপুৰত নানা চাহাব আৰু খান বাহাদুৰ খানৰ বাহিনীয়ে তেওঁৰ সৈতে যোগদান
কৰি ব্ৰিটিছ বাহিনীৰ ওপৰত আক্ৰমণ চলায়। ব্ৰিটিছ
সেনাবাহিনীক এই বিষয়ে খবৰ দিয়া হয় আৰু জেনেৰেল ব্ৰিগেডিয়াৰ জন ১১ মে'ত আহি শ্বাহজাহানপুৰত উপস্থিত হয়। জ’নে আহমদুল্লাহ শ্বাহ বাহিনীক আক্ৰমণ কৰিবলৈ
সাহস গোটাব নোৱাৰি বেৰেইলীৰ পৰা সেনা অহাৰ বাবে অপেক্ষা কৰি থাকিল। কলিন কেম্পবেলে
২ মে’ত শ্বাহজাহানপুৰৰ পৰা বেৰেলী অভিমুখে ৰাওনা
হয়। (১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ছাৰ কলিন কেম্পবেল ভাৰতৰ মুখ্য সেনাপতি হৈছিল
আৰু তেওঁ ১৮৫৭ চনৰ ৬ ডিচেম্বৰত লক্ষ্ণৌ পুনৰ দখল কৰাৰ সময়ত কানপুৰ উদ্ধাৰ কৰিছিল
..) জৰ্জ ব্ৰুচ মেলেছনে লিখিছে যে:- ছাৰ কলিন কেম্পবেলক দুবাৰকৈ পৰাস্ত কৰিবলৈ
সাহস কৰিব পাৰিলেহেঁতেন আহমদুল্লাহ শ্বাহ বাহিনীয়ে।
১৮৫৮
চনৰ ১৫ মে’ত
বিদ্ৰোহীসকলৰ এটা গোট আৰু জেনেৰেল ব্ৰিগেডিয়াৰ জ’নৰ
ৰেজিমেণ্টৰ মাজত তীব্ৰ যুদ্ধ সংঘটিত হয়। সেই যুঁজত দুয়োপক্ষই যথেষ্ট লোকচানৰ
সন্মুখীন হ’ব লগা
হয় যদিও
বিদ্ৰোহীসকলে শ্বাহজাহানপুৰ দখল কৰিবলৈ সক্ষম হয়। ২০ মে’ত ছাৰ কলিন শ্বাহজাহানপুৰত উপস্থিত হয়, আৰু চাৰিওফালৰ পৰা ঘেৰি ধৰি বিদ্ৰোহীসকলক আক্ৰমণ
কৰে। গোটেই ৰাতি যুদ্ধ চলে। আহমদুল্লাহ
শ্বাহ বাহিনী আৰু নানা চাহাব বাহিনী শ্বাহজাহানপুৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। কথিত আছে যে, ছাৰ কলিনে নিজেই আহমদুল্লাহ
শ্বাহৰ পিছে পিছে খেদি গৈছিল যদিও তেওঁক ধৰিব পৰা নাছিল। শ্বাহজাহানপুৰৰ পৰাজয়ৰ পাছত
আহমদুল্লাহ শ্বাহে শ্বাহজাহানপুৰৰ পৰা ১৮ মাইল উত্তৰত অৱস্থিত পোৱায়ানলৈ ৰাওনা হৈ
যায়।
মৃত্যু-
ইংৰাজে আহমাদুল্লাহ ছাহক কেতিয়াও জীৱিত অৱস্থাত ধৰিব পৰা নাছিল। তেওঁক কৰায়ত্ত
কৰিবলৈ ব্ৰিটিছে ৫০ হাজাৰ ৰূপৰ টুকুৰা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল। মৌলৱী আহমদুল্লা
শ্বাহে পৱয়ানৰ ৰজা জগন্নাথ সিংহক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ প্ৰৰোচিত কৰিব
বিচাৰিছিল যদিও জগন্নাথ সিংহে এই ক্ষেত্ৰত ইচ্ছা প্ৰকাশ নকৰিলে। ফলত আহম্মদ শ্বাহে
নিজৰ হস্তীত উঠি ৰজাৰ ৰাজপ্ৰসাদৰ দুৱাৰত উপস্থিত হৈছিল, তেতিয়া ৰজাই কামানৰ গুলী মাৰি তেওঁক আক্ৰমণ
কৰিছিল। ইয়াৰ ফলত হাতীৰ পৰা
পৰি আহমাদুল্লাহ ছাহৰ মৃত্যু হয়। জি বি মেলেছনে তেওঁৰ মৃত্যুৰ
বিষয়ে এনেদৰে বৰ্ণনা কৰিছে:-হাতীৰ পিঠিৰ পৰা পৰি ফৈজাবাদৰ মৌলৱী আহমদুল্লাহ ছাহৰ মৃত্যু
হয়। যদি এজন মানুহ নিজৰ
জন্মভূমিৰ স্বাধীনতাৰ বাবে যুঁজি মৃত্যু হলে তেওঁক দেশপ্ৰেমিক বুলি কোৱা হয়, তেন্তে মৌলৱী
আহমদুল্লাহ ছাহ নিশ্চিতভাৱে এজন প্ৰকৃত দেশপ্ৰেমিক আছিল।
পৱয়নৰ
ৰজা জগন্নাথ সিংহৰ ভাতৃ কোঁৱৰ বলদেও সিংহই মৌলৱী আহমদুল্লা ছাহক হত্যা কৰি মূৰটো কাটি
দণ্ডাধীশৰ ওচৰত উপহাৰ দি তেওঁ ঘোষিত পুৰস্কাৰ লাভ কৰিছিল। লগতে তেওঁ ব্ৰিটিছৰ
অনুকূল্য লাভ কৰিছিল বুলিও জনা যায়। পাছদিনা কোটৱালিত আহম্মদ ছাহৰ মূৰটো ফাঁচী
দিয়া হৈছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ
আন এজন বিপ্লৱী ফজল-ই-হক খাইৰাবাদীয়ে মৌলৱীৰ মৃত্যুৰ সাক্ষী আছিল।
উত্তৰাধিকাৰ-
বাবৰি মছজিদ ভাঙি পেলোৱাৰ গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি,
অযোধ্যাত নিৰ্মাণ হ’বলগীয়া
মছজিদটোৰ নাম আহমদুল্লাহ ছাহৰ নামেৰে নামকৰণ কৰা হ’ব বুলি
জনা যায়।•
আশফাকুল্লাহ খান
আছফাকুল্লা
খান (জন্ম ২২ অক্টোবৰ ১৯০০ – মৃত্যু
১৯ ডিচেম্বৰ ১৯২৭)ভাৰতীয় স্বাধীনতা আন্দোলনৰ স্বাধীনতা এগৰাকী সংগ্ৰামী যুৱক আছিল। তেওঁ হিন্দুস্তান
ৰিপাব্লিকান এছ'চিয়েচনৰ
সহ-প্ৰতিষ্ঠাপক আছিল আৰু পাছলৈ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ নাম সলনি কৰি হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েচন ৰখা হৈছিল।
প্ৰাথমিক
জীৱন- তেওঁৰ জন্ম যুক্ত প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত এক পাঠান পৰিয়ালত।
তেওঁৰ পিতৃৰ নাম ছফিক উল্লাহ খান আৰু মাতৃৰ নাম মাঝহাৰুনিছা। পাঁচগৰাকী ভাই-ভনীৰ
মাজত তেওঁ কনিষ্ঠ সন্তান আছিল।
১৯১৮
চনত খান সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে আৰক্ষীয়ে তেওঁলোকৰ বিদ্যালয়ত অভিযান
চলাই মইনপুৰী ষড়যন্ত্ৰৰ অভিযুক্ত ছাত্ৰ ৰাজাৰাম ভাৰতীয়ক গ্ৰেপ্তাৰ কৰে, য'ত অভিযুক্তসকলে
ঔপনিৱেশিকতা বিৰোধী পুস্তিকা প্ৰকাশৰ বাবে ধন গোটাবলৈ মইনপুৰীত ষড়যন্ত্ৰত লিপ্ত
হৈছিল। এই গ্ৰেপ্তাৰৰ ঘটনাই খানক সংযুক্ত প্ৰদেশত
বিপ্লৱী কাৰ্যকলাপত লিপ্ত হ’বলৈ
প্ৰেৰণা যোগাইছিল।
আশফাকুল্লাহ
খানে এজন বন্ধুৰ জৰিয়তে মইনপুৰী ষড়যন্ত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত প্ৰখ্যাত বিপ্লৱী
ৰাম প্ৰসাদ বিছমিলক লগ ধৰিছিল। অতি সোনকালেই তেওঁ বিছমিলৰ সৈতে ঘনিষ্ঠভাৱে জড়িত
হৈ পৰিছিল আৰু তেওঁৰ স্বৰাজ পাৰ্টি আৰু হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েচনৰ কাম-কাজৰ সৈতে জড়িত হৈ পৰিছিল। ৰামপ্ৰসাদ
বিছমিল আৰু খান দুয়োজনেই কবি আছিল। আছফাকুল্লা খানে হাছৰত ছদ্মনামেৰে উৰ্দু কবিতা
লিখিছিল।
হিন্দুস্তান
ৰিপাব্লিকান এছ’চিয়েশ্যনৰ
আন আন সদস্যসকলৰ দৰে খানও লেনিন আৰু ৰাছিয়াৰ বলছেভিক বিপ্লৱৰ দ্বাৰা প্ৰবলভাৱে
অনুপ্ৰাণিত হৈছিল। তেওঁ দুখীয়াৰ মুক্তি আৰু পুঁজিবাদী স্বাৰ্থৰ বিৰুদ্ধে মাত
মাতিছিল। তেওঁ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ
বিৰুদ্ধেও কথা কৈছিল, জনসংখ্যা
নিয়ন্ত্ৰণ ভাৰতৰ স্বাধীনতা লাভৰ অন্তৰায় বুলিও তেওঁ বিশ্বাস কৰিছিল।
কাকোৰী
ৰে’ল
ডকাইতিৰ লগত জড়িত- হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ বিপ্লৱীসকলে ১৯২৫ চনৰ ৮ আগষ্টত
শ্বাহজাহানপুৰত এখন বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ
বাবে কেনেকৈ ধন সংগ্ৰহ কৰিব পাৰে সেই বিষয়ে আলোচনা হৈছিল। উক্ত বৈঠকত কাকোৰীৰ মাজেৰে চৰকাৰী ধন কঢ়িয়াই নিয়া
এখন ৰে’ল লুট কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাছিয়াৰ বলছেভিক কৌশলৰ পৰা অনুপ্ৰাণিত হৈ
ডকাইতিৰ জৰিয়তে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যন-এ
ইয়াৰ পূৰ্বেও একেধৰণৰ ৰে’ল
ডকাইতি সংঘটিত কৰি বিপ্লৱী অভিযানৰ বাবে ধন সংগ্ৰহ কৰিছিল। আশফাকুল্লাহ খান প্ৰথমে কাকোৰী ৰে’ল ডকাইতিৰ বিৰোধী আছিল, যদিও অৱশেষত যেতিয়া এইচ আৰ এৰ অন্যান্য সদস্যসকলে
এই পৰিকল্পনাত সহমত প্ৰকাশ কৰিছিল তেতিয়া তেওঁ উক্ত অভিযানত অংশগ্ৰহণ কৰিবলৈ
সন্মত হৈছিল।
১৯২৫
চনৰ ৯ আগষ্টত খান আৰু অন্যান্য বিপ্লৱী ক্ৰমে ৰাম প্ৰসাদ বিছমিল, ৰাজেন্দ্ৰ লাহিৰী, শচীন্দ্ৰ বক্সি, চন্দ্ৰশেখৰ
আজাদ, কেশব চক্ৰৱৰ্তী, বানোৱাৰী
লাল, মুৰাৰী লাল গুপ্ত, মুকুন্দ লাল, আৰু মন্মথনাথ
গুপ্তাই লক্ষ্ণৌৰ ওচৰৰ কাকোৰীত এখন চৰকাৰী ৰে’ল
আক্ৰমণ কৰি লুটপাত কৰিছিল। ডকাইতি সংঘটিত হোৱাৰ পাছত
ব্ৰিটিছ চৰকাৰে দোষীক ধৰিবলৈ বিস্তৃত অভিযান আৰম্ভ কৰে।১৯২৫ চনৰ ২৬ অক্টোবৰৰ পুৱা
ৰাম প্ৰসাদ বিছমিল আৰক্ষীৰ হাতত ধৰা পৰে। ইপিনে বন্দী হোৱাৰ পৰা হাত সাৰিবলৈ আশফাকুল্লাহ
খান নেপাললৈ পলায়ন কৰে। নেপালৰ পৰা তেওঁ কানপুৰ আৰু তাৰ পাছত দলটনগঞ্জলৈ যায় আৰু
তাৰ পৰাই তেওঁ ছদ্মনামেৰে এটি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত কেৰাণী হিচাপে কাম কৰিবলৈ
ধৰে।
বন্দী
আৰু বিচাৰ- কিছুদিন পাছত খানে নিজৰ বিপ্লৱী কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ
দিল্লীলৈ যাবলৈ সিদ্ধান্ত লয়। দিল্লীত থকা সময়তে শ্বাহজাহানপুৰৰ তেওঁৰ চিনাকি
পাঠান বন্ধু এজনক লগ পায়। সেই বন্ধুজনে বিশ্বাসঘাতকতা কৰি গোপনে
তেওঁৰ অৱস্থান সদৰি কৰি আৰক্ষীক খবৰ দিয়ে। ১৯২৬ চনৰ ৭ ডিচেম্বৰৰ পুৱা দিল্লী
আৰক্ষীয়ে খানক গ্ৰেপ্তাৰ কৰে। বন্দীৰ পাছত তেওঁক ফৈজাবাদৰ জিলা কাৰাগাৰত আবদ্ধ
কৰি ৰখা হয় আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
কাকোৰী
ৰে’ল ডকাইতিৰ বিচাৰ লক্ষ্ণৌত এবছৰতকৈও অধিক সময়
ধৰি চলিছিল আৰু বিপ্লৱীসকলে জনসাধাৰণৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল। ১৯২৫ চনত এইচ
আৰ এ-য়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি দাবী কৰিছিল যে, তেওঁলোকে নিজকে
সন্ত্ৰাসবাদী বুলি গণ্য নকৰে।
সন্ত্ৰাসৰ পৰিৱৰ্তে তেওঁলোকৰ বিপ্লৱী কাৰ্যকলাপক ঔপনিৱেশিক চৰকাৰৰ হিংসাৰ বিৰুদ্ধে
প্ৰতিশোধ লোৱাৰ উপায় হিচাপে যাতে গণ্য কৰা হয় এইচ আৰ এ-য়ে এই দাবী জনাইছিল। কাৰাগাৰত থকাৰ সময়ত খানেও
একেধৰণৰ আৱেগ প্ৰকাশ কৰি এখন পত্ৰ লিখিছিল, য'ত নিশ্চিত কৰিছিল যে এইচ আৰ এৰ জৰিয়তে হিংসা
বিয়পোৱা তেওঁৰ লক্ষ্য নাছিল, বৰঞ্চ ভাৰতৰ স্বাধীনতা নিশ্চিত কৰাৰ কাৰণেহে তেওঁ কাৰ্যটো
সংঘটিত কৰিছিল।
মৃত্যু
আৰু তাৰ পাছৰ পৰিণতি- ৰাম প্ৰসাদ বিছমিল, ৰাজেন্দ্ৰ লাহিৰী, আৰু আশফাকুল্লাহ
খানক মৃত্যুদণ্ড বিহি কাকোৰী ডকাইতিৰ গোচৰটো সমাপ্ত কৰা হৈছিল। বাকীসকলক যাৱজ্জীৱন কাৰাদণ্ড
বিহা হৈছিল। আশফাকুল্লাহ খানক ১৯২৭ চনৰ ১৯ ডিচেম্বৰত ফৈজাবাদ জেলত ফাঁচী দিয়া
হৈছিল। ভাৰতৰ স্বাধীনতাৰ কাৰণে ফাঁচী দিয়াৰ কাৰণে তেওঁক শ্বহীদ বুলি গণ্য কৰা হয়।
ৰাম
প্ৰসাদ বিছমিল, ৰাজেন্দ্ৰ
লাহিৰী, আশফাকুল্লাহ খানক ফাঁচী দিয়াৰ পাছত ‘এইচ আৰ এ’ সংগঠনৰ
নাম সলনি কৰি হিন্দুস্তান ছ’চিয়েলিষ্ট
ৰিপাব্লিকান আৰ্মী ৰখা হৈছিল আৰু আনুষ্ঠানিকভাৱে সমাজবাদী আৰু মাৰ্ক্সবাদী মতাদৰ্শk সমৰ্থন কৰিবলৈ আৰম্ভ কৰিছিল।
জনপ্ৰিয়
সংস্কৃতিত- আশফাকুল্লাহ খান আৰু তেওঁৰ সহযোগীসকলক লৈ হিন্দী চলচ্চিত্ৰ ৰং দে
বসন্তি (২০০৬)ত চিত্ৰিত কৰা হৈছে। তেওঁৰ চৰিত্ৰটো কুনাল কাপুৰে চিত্ৰিত কৰিছে।
ষ্টাৰ ভাৰত টেলিভিছনে ধাৰাবাহিক ‘চন্দ্ৰশেখৰ’ত চেতন্যা আদিবে খানৰ চৰিত্ৰত অভিনয় কৰিছিল।
২০১৪ চনত ডি ডি উৰ্দুত প্ৰচাৰিত ‘মুজাহিদ-ই-আজাদী’ ভাৰতীয় টেলিভিছন ধাৰাবাহিকত গৌৰৱ নন্দই
আছফাকুল্লাহ খানৰ চৰিত্ৰত অভিনয় কৰিছিল।
‘অ’ মোৰ মাতৃভূমি, মই কেৱল তোমাৰ সেৱা কৰিবলৈ জীয়াই আছোঁ। আজীৱন শাস্তি হওক বা
মৃত্যুদণ্ড দিয়া হওক, শিকলিৰে
বান্ধি থোৱা হাতেৰেও তোমাৰ মহিমা গাম।
মৃত্যু আহে মাত্ৰ এবাৰ; ভয় কিহৰ?— আছফাকুল্লাহ।•
শৌকত আলী খান
শৌকত
আলী খান প্ৰখ্যাত ৰাজনৈতিক নেতা মহম্মদ আলী জৌহৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
প্ৰাথমিক
জীৱন- ১৮৭৩ চনত ভাৰতৰ উত্তৰ প্ৰদেশৰ নাজিবাবাদ চহৰত এটা ধনী পৰিয়ালত শৌকত আলী
খানৰ জন্ম হৈছিল। তেওঁ
আলিগড় মুছলিম বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। ক্ৰিকেট খেলাৰ প্ৰতি তেওঁৰ অত্যন্ত
আকৰ্ষণ আছিল আৰু বিশ্ববিদ্যালয় ক্ৰিকেট দলৰ অধিনায়কত্ব কৰিছিল। শৌকত আলীয়ে
ব্ৰিটিছ ভাৰতত ১৭ বছৰ ধৰি সংযুক্ত প্ৰদেশৰ অৱধ আৰু আগ্ৰাৰ অসামৰিক সেৱাত
কাৰ্যনিৰ্বাহ কৰিছিল।
খিলাফত
আন্দোলন- শৌকত আলীয়ে তেওঁৰ কনিষ্ঠ ভাতৃ মহম্মদ আলী জৌহৰক উৰ্দু সাপ্তাহিক
হামদৰ্দ আৰু ইংৰাজী সাপ্তাহিক কমৰেড প্ৰকাশ কৰাত সহায় কৰিছিল। ১৯১৫ চনত সাপ্তাহিক
কমৰেডত তেওঁৰ এটা লেখা প্ৰকাশ পাইছিল, য’ত তেওঁ
লিখিছিল যে, তুৰ্কীসকলে ব্ৰিটিছৰ সৈতে যুঁজ দিয়াটো সঠিক হৈছে। এই দুখন সাপ্তাহিক
আলোচনীয়ে তেতিয়াৰ মুছলমান ভাৰতৰ ৰাজনৈতিক নীতি গঢ় দিয়াত মূল ভূমিকা পালন কৰিছিল। ব্ৰিটিছৰ
বিৰুদ্ধে আপত্তিজনক লেখা প্ৰকাশ কৰাৰ অপৰাধত অভিযুক্ত হৈ ১৯১৯ চনত জে’লত থকা সময়তে তেওঁ খিলাফত সন্মিলনৰ সভাপতি
হিচাপে নিৰ্বাচিত হৈছিল। অসহযোগ
আন্দোলন (১৯১৯–১৯২২)ৰ
সময়ত মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে তেওঁক পুনৰ
গ্ৰেপ্তাৰ কৰি ১৯২১ চনৰ পৰা ১৯২৩ চনলৈ কাৰাগাৰত ভৰাই থোৱা হৈছিল। তেওঁৰ অনুৰাগীসকলে তেওঁক
আৰু তেওঁৰ ভাতৃক মৌলানা উপাধি প্ৰদান কৰিছিল। ১৯২২ চনৰ
মাৰ্চ মাহত তেওঁ ৰাজকোট জে;লত আছিল
আৰু পাছলৈ ১৯২৩ চনত তেওঁক মুকলি কৰি দিয়া হৈছিল।
তেওঁ
ব্ৰিটিছ ঔপনিৱেশিকৰ বিৰুদ্ধে সংগ্ৰামত অহিংসাৰ সমৰ্থক হিচাপে বহুলভাৱে পৰিচিত আছিল
আৰু তেওঁ শচীন্দ্ৰ নাথ সান্যালৰ দৰে ভাৰতীয় বিপ্লৱীসকলক
বন্দুক যোগান ধৰিছিল।
নেহৰুৰ
প্ৰতিবেদন- ১৯৩১ চনত জেৰুজালেম ভ্ৰমণৰ সময়ত ভাৰতীয় মুছলমানৰ ঔপনিৱেশিক
বিৰোধী নেতা শৌকত আলীৰ হাতত ডম অৱ দ্য ৰক(জেৰুজালেমৰ পুৰণি চহৰৰ মন্দিৰ পাহাৰ("মন্দিৰ
পাহাৰ" হৈছে জেৰুজালেমৰ মন্দিৰ পৰ্বতক বুজাবলৈ ব্যৱহাৰ কৰা এটা কথিত শব্দ, যাক হাৰাম আল-শ্বৰীফ বুলিও কোৱা হয়। ইহুদী, মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে ই এক অতি
পবিত্ৰ স্থান,)ত অৱস্থিত
আল-আকছা মছজিদৰ চৌহদত থকা এটা ইছলামিক মন্দিৰ। ই ইছলামিক স্থাপত্যৰ বিশ্বৰ
আটাইতকৈ পুৰণি নিদৰ্শন।)অংকিত
পেলেষ্টাইনী আৰব পতাকা অৰ্পণ কৰা হৈছিল। স্বাধীনতা আন্দোলনক সমৰ্থন আগবঢ়োৱাৰ
ক্ষেত্ৰত শৌকত আলীয়ে তেওঁৰ কিছুমান সহকৰ্মীকো অতিক্ৰম কৰিছিল।
শৌকত
আলীয়ে ১৯২৮ চনৰ নেহৰু প্ৰতিবেদনৰ বিৰোধিতা কৰিছিল। তাৰ পৰিৱৰ্তে তেওঁ মুছলমান সকলৰ
বাবে সুকীয়া নিৰ্বাচনী ক্ষেত্ৰৰ দাবী উত্থাপন কৰিছিল আৰু অৱশেষত খিলাফত কমিটীয়ে
নেহৰুৰ প্ৰতিবেদন নাকচ কৰিছিল। শৌকত আলীয়ে ১৯৩০-৩১ চনত লণ্ডনত অনুষ্ঠিত প্ৰথম আৰু
দ্বিতীয় ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৯৩১ চনত তেওঁৰ ভাতৃ স্বাধীনতা
সংগ্ৰামী মৌলনা মহম্মদ আলী জৌহৰৰ মৃত্যু হয়। তেতিয়া শৌকত আলী খানে জেৰুজালেমত বিশ্ব
মুছলমান সন্মিলনৰ আয়োজন কৰিছিল।
১৯৩৬
চনত শৌকত আলী অল ইণ্ডিয়া মুছলিম লীগৰ সদস্য পদ গ্ৰহণ কৰি পাকিস্তানৰ ভৱিষ্যত
প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ ঘনিষ্ঠ ৰাজনৈতিক মিত্ৰ আৰু প্ৰচাৰক হৈ পৰে। ১৯৩৪
চনৰ পৰা ১৯৩৮ চনলৈকে তেওঁ ব্ৰিটিছ ভাৰতত 'কেন্দ্ৰীয়
বিধানসভা'ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ
সমগ্ৰ মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি স্বাধীনতা সংগ্ৰামৰ বাবে মুছলমানৰ সমৰ্থন আদায়ৰ
চেষ্টা কৰিছিল।
মৃত্যু
আৰু উত্তৰাধিকাৰ- ১৯৩৮ চনৰ ২৬ নৱেম্বৰত দিল্লীৰ কাৰোল বাগত থকা ভাতৃৰ বিধৱা
বেগম মহম্মদ আলী জৌহৰৰ বাসগৃহত শৌকত আলী খানৰ মৃত্যু হয়। দিল্লীৰ জামা মছজিদৰ
ওচৰৰ শৌকত আলী মছজিদৰ মিনা বজাৰত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হয়।
স্মৃতিচাৰণ
ডাক টিকট- পাকিস্তান ডাক সেৱাই ১৯৯৫ চনত তেওঁৰ সন্মানত স্মৃতিচাৰণ ডাক টিকট
জাৰি কৰিছিল।
ৰাস্তা-ঘাট-
মুম্বাইৰ এটা ৰাস্তা (পূৰ্বতে গ্ৰাণ্ট ৰোড) তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। লাহোৰৰ এটা পথো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে।
ইউ পিৰ ৰামপুৰৰ এটা পথো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।•
খাজা
আব্দুল মজিদ
খাজা
আব্দুল মজিদ(১৮৮৫ – ২
ডিচেম্বৰ ১৯৬২) আলিগড়ৰ এগৰাকী ভাৰতীয় অধিবক্তা, শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী আছিল।
১৯২০ চনত তেওঁ অন্যান্যসকলৰ সৈতে জামিয়া মিলিয়া ইছলামিয়া অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল
আৰু পাছলৈ তেওঁ ইয়াৰ উপাচাৰ্য আৰু চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ভাৰতীয় মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত তেখেতে স্থায়ী অৱদান আগবঢ়াইছিল।
খাজা
আব্দুল মজিদ এগৰাকী উদাৰ মুছলমান আছিল আৰু তেওঁ মহাত্মা গান্ধীৰ অহিংস দৃষ্টিভংগীৰ প্ৰতি
গভীৰভাৱে দায়বদ্ধ আছিল। ১৯৪৭ চনত তেওঁ ভাৰত বিভাজনৰ বিৰোধিতা কৰি সমগ্ৰ জীৱন
হিন্দু-মুছলমান সম্প্ৰীতিৰ হকে কাম কৰিছিল।
১৯৬২
চনৰ ২ ডিচেম্বৰত তেওঁৰ মৃত্যু হয় আৰু আলিগড়ৰ উপকণ্ঠৰ চুফী সন্ত শ্বাহ জামালৰ দৰগাহৰ
গাতে লাগি থকা পৰিয়ালৰ কবৰস্থানত তেওঁক সমাধিস্থ কৰা হয়।
পাৰিবাৰিক
পটভূমি- আব্দুল মজিদ আলিগড়ৰ বিশিষ্ট অধিবক্তা আৰু মাটিৰ মালিক খাজা মহম্মদ
ইউছুফৰ কনিষ্ঠ পুত্ৰ আছিল। ভাৰতীয় মুছলমানসকলৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে
পশ্চিমীয়া শৈলীৰ বৈজ্ঞানিক শিক্ষা অতি গুৰুত্বপূৰ্ণ বুলি আব্দুল মজিদে দৃঢ়ভাৱে
বিশ্বাস কৰিছিল।
খাজা
আব্দুল মজিদৰ পিতৃ খাজা মহম্মদ ইউছুফ আলিগড় আন্দোলন(আলিগড় আন্দোলনে ১৯ শতিকাৰ
শেষৰ দশকবোৰত ব্ৰিটিছ ভাৰতৰ মুছলমানৰ বাবে পশ্চিমীয়া শৈলীৰ বৈজ্ঞানিক আধুনিক শিক্ষা
ব্যৱস্থা স্থাপনৰ বাটকটীয়া আছিল।)ৰ অন্যতম প্ৰতিষ্ঠাপক নেতা ছাৰ চৈয়দ আহমদ খানৰ সমৰ্থক
আছিল। ছাৰ চৈয়দ আহমদ খানৰ নেতৃত্বত বিখ্যাত মুহাম্মাদী এংলো-অৰিয়েণ্টেল কলেজ
স্থাপন হৈছিল। কলেজখন পাছত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল।
খাজা
ইউছুফে মহম্মদী এংলো-অৰিয়েণ্টেল কলেজ কমিটিৰ ফাণ্ডলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছিল
আৰু লগতে জহুৰ হুছেইন আৰু জইনুল
আব্দিনৰ সৈতে দেশ ভ্ৰমণ কৰি ধন সংগ্ৰহ কৰিছিল। তেওঁলোকৰ লগত আছিল ছাৰ ছৈয়দ আহম্মদ খানৰ পুতেক ছৈয়দ
মাহমুদ আৰু মৌলভি ছামি উল্লাহ খানৰ পুত্ৰ হামিদ উল্লাহ খান।
১৮৬৪
চনৰ প্ৰথমভাগত ছাৰ চৈয়দ আহম্মদে পশ্চিমীয়া গ্ৰন্থসমূহ উৰ্দু ভাষালৈ অনুবাদ কৰিবলৈ
বৈজ্ঞানিক সমাজ প্ৰতিষ্ঠা কৰিছিল। খাজা মহম্মদ ইউছুফ বৈজ্ঞানিক সমাজৰ কাম-কাজতো
অতিশয় সক্ৰিয় হৈ আছিল।
শিক্ষা- আব্দুল মজিদক প্ৰথম অৱস্থাত ঘৰতে পৰম্পৰাগত
পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হৈছিল। সুনামধন্য ব্যক্তিগত টিউটৰসকলে তেওঁক কোৰআন, আৰবী, উৰ্দু, ফাৰ্চী আৰু সামাজিক শিষ্টাচাৰ আদিৰ শিক্ষা
প্ৰদান কৰিছিল। তেওঁ লাহোৰৰ চৰকাৰী মুহা্ম্মেদান এংলো অৰিয়েণ্টাল (এম.এ.অ.) কলেজৰ
পৰাও শিক্ষাগ্ৰহণ কৰিছিল।
আব্দুল
মজিদৰ পিতৃ খাজা মহম্মদ ইউছুফেও তেওঁৰ পুত্ৰই আধুনিক পশ্চিমীয়া শৈলীৰ উত্তম
শিক্ষা লাভৰ পক্ষপাতি আছিল। সেয়েহে আব্দুল মজিদক ১৯০৬ চনত ইংলেণ্ডৰ কেম্ব্ৰিজ
বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাগ্ৰহণৰ বাবে প্ৰেৰণ কৰিছিল। ইতিহাসত স্নাতক ডিগ্ৰী
লাভ কৰাৰ
পাছত ১৯১০ চনত বাৰ(বেৰিষ্টাৰ)অধ্যয়নৰ বাবে ভৰ্তি হৈছিল। কেম্ব্ৰিজত অধ্যয়নৰত অৱস্থাত তেওঁ ভাৰত
গণৰাজ্যৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, বিশিষ্ট
আইনবিদ ছাৰ শ্বাহ চুলেইমান আৰু বিখ্যাত দাৰ্শনিক আৰু কবি মহম্মদ ইকবাল তেওঁৰ
সমসাময়িক ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল। কেম্ব্ৰিজতেই তেওঁৰ প্ৰথমে দক্ষিণ আফ্ৰিকাৰ প্ৰখ্যাত
বেৰিষ্টাৰ মোহন দাস কৰমচান্দ গান্ধীৰ লগত সাক্ষাৎ লাভ কৰিবলৈ সৌভাগ্য হৈছিল।
বিবাহ-
বেগম খুৰছিদ খাজাৰ লগত আব্দুল মজিদ বিবাহপাশত আৱদ্ধ হৈছিল। বেগম খুৰছিদ খাজা
মহম্মদ হামিদ উল্লাহ খানৰ কন্যা আছিল। হামিদ
উল্লাহ খান মৌলৱী ছামি উল্লাহ আৰু বেগম আখতাৰ সৰবুলন্দ জংৰ পুত্ৰ আছিল। আব্দুল মজিদৰ তিনিজন পুত্ৰ জামাল খাজা, ৰছিদ খাজা আৰু আজমল খাজা আৰু ছয়গৰাকী কন্যা
সন্তান আছিল।
বেগম
খুৰছিদ খাজা মাক-দেউতাকৰ প্ৰথম সন্তান আছিল আৰু পৰ্দাৰ পৰা ওলাই অহা আলিগড়ৰ প্ৰথম
মুছলমান মহিলাসকলৰ ভিতৰত অন্যতম আছিল। তাই সামাজিক আৰু ৰাজনৈতিক কৰ্মী আছিল আৰু
মহিলাৰ শিক্ষা আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্তিৰ বাবে নিৰলসভাবে কাম
কৰিছিল। বিশেষকৈ হায়দৰাবাদৰ সহপাঠী বিখ্যাত সৰোজিনী নাইডুৰ কন্যা পদ্মজা নাইডু
আৰু জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ লগত তাইৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।
খুৰছিদ
খাজা এলাহাবাদৰ মুছলমান কন্যাসন্তানৰ ভিতৰত এলাহাবাদৰ বিখ্যাত ছেইণ্ট মেৰী কনভেণ্ট
ইণ্টাৰ কলেজত প্ৰথম বৰ্ডাৰ হিচাপে নামভৰ্তি কৰিছিল। যুৱতী ইন্দিৰা গান্ধীও অলপ দিনৰ
বাবে এই কনভেণ্টৰ ছাত্ৰী আছিল।
১৯৩০
চনৰ আৰম্ভণিত বেগম খুৰশ্বীদ খাজাই তুলনামূলকভাৱে দুৰ্বল মুছলমান মহিলাৰ মাজত
শিক্ষাৰ প্ৰসাৰৰ বাবে এলাহাবাদ চহৰৰ ভিতৰুৱা অঞ্চলত হামিদিয়া বালিকা বিদ্যালয়
প্ৰতিষ্ঠা আৰু পৰিচালনা কৰিছিল। এই প্ৰাথমিক বিদ্যালয়খন এতিয়া এলাহাবাদ
বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হামিদিয়া বালিকা ডিগ্ৰী মহাবিদ্যালয়লৈ উন্নীত হৈছে।
অসহযোগ
আন্দোলনৰ দিনবোৰত খুৰছিদ খাজাই তেওঁৰ সকলো ফেশ্বনেবল কাপোৰত জুই লগাই পুৰি পেলাইছিল
আৰু নিজৰ অলংকাৰ স্বাধীনতা আন্দোলনলৈ দান কৰিছিল। কেইবা ডজনো আৰক্ষীয়ে ঘৰ ঘেৰি
ধৰি স্বামীক গ্ৰেপ্তাৰ কৰাৰ সময়তো তাই অবিচল হৈ আছিল। খাজা আব্দুল মজিদ শান্তভাৱে আৰক্ষীৰ সৈতে গৈ
জিলা কাৰাগাৰত দীৰ্ঘদিন বন্দীত্ব জীৱন যাপন কৰিছিল।
বেগম
খুৰশ্বীদ খাজাই ১৯৮১ চনৰ ৭ জুলাইত ৮৭ বছৰ বয়সত মৃত্যুবৰণ কৰে আৰু আলিগড়ৰ উপকণ্ঠ
অঞ্চলৰ চুফী সাধু শ্বাহ জামালৰ দৰগাহৰ কাষতে থকা পৰিয়ালৰ কবৰস্থানত তাইক সমাধিস্থ
কৰা হয়।
কৰ্ম
জীৱন- ১৯১০ চনত ইংলেণ্ডৰ পৰা ঘৰলৈ উভতি আহি আব্দুল
মজিদ খাজাই প্ৰথমে আলিগড়ৰ জিলা আদালতত আৰু পাছলৈ পাটনা উচ্চ ন্যায়ালয়ত উকালতি
আৰম্ভ কৰিছিল। মহাত্মা গান্ধীৰ আহ্বানত
তেওঁ ১৯১৯
চনত নিজৰ উকালতি বৃত্তি ত্যাগ কৰি খিলাফত আন্দোলনৰ লগতে আইন অমান্য আন্দোলনত অংশগ্ৰহণ
কৰে আৰু ইয়াৰ বাবে তেওঁ ছমাহৰ বাবে কাৰাদণ্ড ভুগিবলগীয়া হয়। ইয়াৰ পাছৰ ছবছৰ
(১৯১৯–১৯২৫) তেওঁ বহুলাংশে নৱগঠিত জামিয়া মিলিয়া
ইছলামিয়াৰ উন্নয়নত আত্মনিয়োগ কৰিছিল।
১৯২৬
চনত তেওঁ পুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ত উকালতি আৰম্ভ কৰে। ঘৰুৱা আৰু
স্বাস্থ্যজনিত কাৰণত তেওঁ নিজক ১৯৪৩ চনৰ শেষলৈকে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰাই
ৰাখিছিল যদিও তেওঁ জামিয়া মিলিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰিছিল।
১৯৪৩
চনৰ পৰা ১৯৪৮ চনলৈকে আব্দুল মজিদ খাজা অত্যধিক মানসিক চাপত ভূগিছিল। দ্বি-জাতিৰ তত্ত্বৰ আধাৰত পাকিস্তান সৃষ্টিৰ
দাবীয়ে তেওঁক অতিশয় মৰ্মাহত কৰি তুলিছিল। ১৯৪২ চনত তেওঁৰ হাৰ্ট এটেক হৈছিল, যদিও তেওঁ ৰাজনৈতিক ক্ষেত্ৰলৈ উভতি আহি ভাৰতৰ
ঐক্য সংহতি ৰক্ষাৰ বাবে নিজক উৎসৰ্গ কৰিছিল।
জাকিৰ
হুছেইনৰ আবদাৰত ১৯৩৬ চনত আব্দুল মজিদ খাজাক জামিয়া মিলিয়া ইছলামিয়াৰ চ্যান্সেলৰ
হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৬২ চনৰ ২ ডিচেম্বৰত মৃত্যুৰ আগলৈকে খাজাই জামিয়া
মিলিয়া ইছলামিয়াৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে জাকিৰ হুছেইন চাহাব উপ-ৰাষ্ট্ৰপতি আৰু
অৱশেষত ১৯৬৭ চনত ভাৰতৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
ৰাজনৈতিক কাম- ইছলামিক উদাৰতাবাদ আৰু ধৰ্মনিৰপেক্ষ জাতীয়তাবাদৰ
প্ৰতি আব্দুল মজিদ খাজা আপোচহীন আছিল। জাতি, ধৰ্ম
আৰু বৰ্ণৰ ভিত্তিত ভাৰতীয় সমাজৰ খণ্ডিতকৰণ আৰু পাকিস্তানৰ সৃষ্টিৰ তেওঁ তীব্ৰ
বিৰোধিতা কৰিছিল। গান্ধীজী আছিল একমাত্ৰ ভাৰতীয় নেতা যাৰ প্ৰতি তেওঁৰ পূৰ্ণ আস্থা
আছিল। চিত্তৰঞ্জন দাস, মৌলানা
আজাদ, ডাঃ
মুখতাৰ আহমেদ আনছাৰী, টি.এ.কে. শ্বেৰৱানী, ছাৰ তেজ বাহাদুৰ সপ্ৰুৰ
লগত মিলি তেওঁ কাম কৰিছিল।
মহাত্মা গান্ধীৰ প্ৰেৰণাত তেওঁ ১৯১৯ চনত পাটনাৰ
নিজৰ আইনী চৰ্চা ত্যাগ কৰি ভাৰতীয় স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল আৰু আইন
অমান্য আন্দোলন, খিলাফত আন্দোলনত লোৱা ভূমিকাৰ বাবে কাৰাদণ্ড ভুগিবলগীয়া হৈছিল।
মহম্মদ আলী জিন্না আদিয়ে পাকিস্তানৰ দাবী
উত্থাপন কৰি তেওঁক ধৰ্মীয় লাইনত ভাৰত বিভাজনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ
উৎসাহিত কৰিছিল। তেওঁ আৰু তেওঁৰ একাংশ ঘনিষ্ঠ সহযোগীয়ে দ্বি-জাতি তত্ত্বৰ আধাৰত ভাৰত
বিভাজনৰ বিৰোধী সকলো মুছলমানৰ কাম-কাজৰ সমন্বয়ৰ বাবে ‘আমব্ৰেলা অল ইণ্ডিয়া মুছলিম মজলিছ’ প্ৰতিষ্ঠা কৰে আৰু আব্দুল মজিদ খাজাক
সৰ্বসন্মতিক্ৰমে ইয়াৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। উক্ত সমিতিৰ সভাপতি হিচাপে তেওঁ ১৯৪৬ চনৰ ২৪
মাৰ্চত ভাৰতলৈ অহা কেবিনেট মিছনক সাক্ষাৎ কৰে আৰু লগতে ভাৰতৰ ঐক্য ৰক্ষাৰ সপক্ষে
মুছলমান জনমতক প্ৰভাৱিত কৰিবলৈ ব্যাপকভাৱে দেশ ভ্ৰমণ কৰে।
খাজা আব্দুল মজিদ আৰু তেওঁৰ দৰে আন আন ভাৰত বিভাজন বিৰোধী নেতাসকলে
নিজৰ মিছনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা নাছিল আৰু বিচ্ছিন্নতাবাদী শক্তিৰ ক্ষোভ
ধৈৰ্য্যৰে সৈতে মোকাবিলা কৰিছিল। ভাৰতক একত্ৰিত কৰি ৰখাৰ প্ৰচেষ্টা বিফল হ’লেও তেওঁ
মৌলানা আজাদ, মৌলানা হিফজুৰ ৰহমান ছিওহাৰৱী, এন.এ.ছেৰৱানী
আৰু অন্যান্যসকলে জাতীয় ঐক্য সুৰক্ষিত কৰাৰ বাবে কাম কৰি গৈছিল। কিন্তু
১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ হত্যাকাণ্ড তেওঁৰ বাবে হৃদয়বিদাৰক আছিল,
যিটো তেওঁ কেতিয়াও জয় কৰিব পৰা নাছিল আৰু তেওঁ স্বাধীন ভাৰতৰ সক্ৰিয় নিৰ্বাচনী
ৰাজনীতিৰ পৰা আঁতৰি আহিছিল।
মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াত আব্দুল
মজিদ খাজাই কোৰআন পাঠ কৰিছিল।
শৈক্ষিক কাম- ১৯২০
চনৰ ২৯ অক্টোবৰত আলিগড়ত জামিয়া মিলিয়া ইছলামিয়া প্ৰতিষ্ঠা কৰা হৈছিল। অনুষ্ঠানটো ব্ৰিটিছৰ কোনো ধৰণৰ সমৰ্থন বা নিয়ন্ত্ৰণ
নোহোৱাকৈ সম্পূৰ্ণৰূপে ভাৰতীয়সকলে পৰিচালিত কৰা পশ্চিমীয়া শৈলীৰ উচ্চশিক্ষা
প্ৰতিষ্ঠান আছিল। মহম্মদ আলী জৌহৰ, মুখতাৰ
আহমেদ আনছাৰী, আৰু হাকিম আজমল খানৰ মগজু প্ৰসূত সৃষ্টি আছিল
জামিয়া মিলিয়া ইছলামিয়া শিক্ষানুষ্ঠান।
হাকিম আজমল খান জামিয়া মিলিয়া ইছলামিয়াৰ
প্ৰথম চেঞ্চেলৰ আছিল যদিও ৰাজনৈতিক সক্ৰিয়তাৰ বাবে তেওঁ উক্ত পদৰ পৰা পদত্যাগ কৰি
নিজৰ ঘনিষ্ঠ বন্ধু তথা সহযোগী আব্দুল মজিদ খাজাক অধ্যক্ষ পদৰ দায়িত্ব অৰ্পণ কৰিছিল।
ডেকা আৰু কৰ্মোদ্যমী জাকিৰ হুছেইন আছিল
জামিয়াত যোগদান কৰা মুহাম্মাদান এংলো-অৰিয়েণ্টেল কলেজৰ আটাইতকৈ বিশিষ্ট ছাত্ৰ
নেতা আৰু তেওঁৰ উদ্যম আৰু কৰ্মৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে তেওঁক সন্মানীয়
প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছিল।
১৯২৫ চনত মহাত্মা গান্ধী আৰু হাকিম আজমল খানৰ
সন্মতিক্ৰমে আব্দুল মজিদ খাজাই জামিয়াক আলিগড়ৰ পৰা দিল্লীৰ কেৰল বাগলৈ
স্থানান্তৰিত কৰি জাৰ্মানীৰ পৰা অৰ্থনীতি বিষয়ত উচ্চ শিক্ষা সমাপ্ত কৰি অহা জাকিৰ
হুছেইনৰ হাতত অনুষ্ঠানৰ দায়িত্ব অৰ্পণ কৰিছিল।
১৯৩৬ চনত ড° মুখতাৰ
আহমেদ আনছাৰীৰ মৃত্যুৰ পাছত জামিয়াৰ চ্যান্সেলৰ পদৰ দায়িত্ব আব্দুল মজিদ খাজাৰ
কান্ধত পৰিছিল। ১৯৬২ চনত মৃত্যুৰ আগলৈকে তেওঁ উক্ত দায়িত্ব তেওঁৰ কান্ধত আছিল। তেওঁৰ
পাৰিবাৰিক পৰম্পৰা অনুসৰি আব্দুল মজিদ খাজাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ
কাম-কাজৰ প্ৰতি অতি আগ্ৰহ প্ৰকাশ কৰিছিল। তেওঁ এগৰাকী উদাৰ দানশীল আছিল আৰু বহু
বছৰ ধৰি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিল।
মৃত্যু- ১৯৬২ চনৰ ২ ডিচেম্বৰত (বয়স ৭৬–৭৭)উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁৰ মৃত্যু হয় আৰু
আলিগড়ৰ উপকণ্ঠ অঞ্চলৰ চুফী সন্ত শ্বাহ জামালৰ দৰগাহৰ গাতে লাগি থকা পৰিয়ালৰ কবৰস্থানত
তেওঁক সমাধিস্থ কৰা হয়।
সানমিহলি- তেখেতে আৰ্লি লাইফ অফ দ্যা ফাৰ্ষ্ট স্টুডেণ্ট
অফ এম.এ.অ. কলেজ নামৰ গ্ৰন্থখনৰ লেখক আছিল। এলাহাবাদ ল জাৰ্নেল প্ৰেছ, এলাহাবাদৰ
দ্বাৰা গ্ৰন্থখন ১৯১৬ চনত প্ৰকাশিত হৈছিল।
কাব্যগ্ৰন্থ- দীৱান-ই-ছৈদা
কবিতা।•
ড° চাইফুদ্দিন
কিচলিউ
ড° চাইফুদ্দিন
কিচলিউ (১৫ জানুৱাৰী ১৮৮৮ – ৯ অক্টোবৰ ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা
কৰ্মী, বেৰিষ্টাৰ, ৰাজনীতিবিদ
আৰু পাছলৈ শান্তি আন্দোলনৰ অগ্ৰদূত আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে
তেওঁ প্ৰথমে পঞ্জাৱ প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি (পাঞ্জাব পিচিচি)ৰ মুৰব্বী আৰু পাছলৈ
১৯২৪ চনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ১৯১৯
চনৰ মাৰ্চ মাহত ৰাওলাট আইন কাৰ্যকৰী হোৱাৰ পাছত পঞ্জাৱত হোৱা প্ৰতিবাদৰ বাবে তেওঁক
বেছিকৈ স্মৰণ কৰা হয়। ১০
এপ্ৰিলত তেওঁ আৰু তেওঁৰ আন এগৰাকী সহযোগী নেতা সত্যপালক গ্ৰেপ্তাৰ কৰি গোপনে
ধৰ্মশালালৈ প্ৰেৰণ কৰা হয়। ইয়াৰ তিনিদিন পাছত অৰ্থাৎ ১৯১৯ চনৰ ১৩ এপ্ৰিলত অমৃতসৰৰ
জালিয়ানৱালা বাগত তেওঁলোকৰ আৰু মহাত্মা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সংঘটিত হোৱা ৰাজহুৱা
প্ৰতিবাদী সমাৱেশৰ ফলত জলিয়ানৱালা বাগত কুখ্যাত হত্যাকাণ্ড সংঘটিত হৈছিল। তেওঁ
জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰতিষ্ঠাপক সদস্যও আছিল। ১৯৫২ চনত তেওঁক ষ্টেলিন
শান্তি বঁটা (বৰ্তমান লেনিন শান্তি বঁটা বুলি জনা যায়) প্ৰদান কৰা হৈছিল।
প্ৰাথমিক জীৱন- ১৮৮৮ চনৰ ১৫ জানুৱাৰীত
ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰত কাশ্মীৰী মুছলমান পৰিয়ালত কিচলিউৰ জন্ম। তেওঁৰ
পিতৃৰ নাম আজিজুদ্দিন কিচলিউ আৰু মাতৃৰ নাম ডেন বিবি। তেওঁৰ পিতৃৰ পশমিনা(কাশ্মীৰী উল) আৰু কেশৰৰ ব্যৱসায়
আছিল।তেওঁলোক মূলতঃ বাৰামুল্লাৰ ব্ৰাহ্মণ পৰিয়ালৰ সদস্য
আছিল। তেওঁলোকৰ পূৰ্বপুৰুষ প্ৰকাশ ৰাম কিচলুই এটা
সময়ত হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ১৮৭১ চনৰ কাশ্মীৰৰ
দুৰ্ভিক্ষৰ পাছত ১৯ শতিকাৰ মাজভাগত তেওঁৰ আতাক আহমেদ জো কাশ্মীৰৰ পৰা পঞ্জাৱলৈ
প্ৰব্ৰজন কৰিছিল।
কিটচলিউই অমৃতসৰৰ ইছলামিয়াৰ পৰা হাইস্কুলীয়া
শিক্ষা গ্ৰহণ কৰাৰ পাছত কেম্ব্ৰিজ
বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু জাৰ্মান বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি.
ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ ভাৰতত উকালতি আৰম্ভ কৰিছিল।
কেৰিয়াৰ- কিচলুই অমৃতসৰত উকালতি আৰম্ভ
কৰাৰ পাছত গান্ধীৰ সংস্পৰ্শলৈ আহিছিল। ১৯১৯ চনত
তেওঁ অমৃতসৰ চহৰৰ পৌৰ আয়ুক্ত হিচাপে নিৰ্বাচিত হয়। তেওঁ সত্যগ্ৰহ (অসহযোগ)
আন্দোলনত অংশগ্ৰহণ কৰে আৰু অতি সোনকালেই নিজৰ উকালতি ব্যৱসায় ত্যাগ কৰি ভাৰতীয়
স্বাধীনতা আন্দোলনৰ লগতে সৰ্বভাৰতীয় খিলাফত আন্দোলনত যোগদান কৰে।
জালিয়ানৱালা বাগ হত্যাকাণ্ড- ৰাওলাট
আইনকলৈ জনসাধাৰণৰ মাজত অসন্তোষ গা কৰি উঠে। ফলত প্ৰতিবাদী আন্দোলন সংঘটিত হয়। এই
আন্দোলনৰ সময়ত কিচলিউৰ প্ৰথম ভাৰতীয় জাতীয়তাবাদৰ সৈতে পৰিচিত হয়। ৰাওলাট আইনৰ বিৰুদ্ধে পঞ্জাৱত প্ৰতিবাদৰ
নেতৃত্ব দিয়াৰ বাবে মহাত্মা গান্ধী আৰু ড° সত্যপালৰ
সৈতে কিচলিউক গ্ৰেপ্তাৰ কৰা হয়। এই
তিনিগৰাকী নেতাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত জালিয়ানৱালা বাগত এখন ৰাজহুৱা সভা অনুষ্ঠিত
হয়। তেতিয়া
জেনেৰেল ৰেজিনাল্ড ডায়াৰ আৰু তেওঁৰ সৈন্যই নিৰস্ত্ৰ, অসামৰিক
ভিৰৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে। ফলত হাজাৰ
হাজাৰ লোকৰ মৃত্যু হয়, আৰু হাজাৰ হাজাৰ লোক আহত হয়। ১৮৫৭ চনৰ ভাৰতীয়
বিদ্ৰোহৰ পাছত এইটোৱে অসামৰিক হত্যাকাণ্ডৰ আটাইতকৈ ভয়াৱহ ঘটনা আছিল। ফলত সমগ্ৰ পঞ্জাৱতে দাঙ্গা আৰম্ভ হৈছিল।
ৰাজনৈতিক
মূলসুঁতি- ১৯২৪
চনত এআইচিচিৰ সাধাৰণ সম্পাদক পদলৈ উন্নীত হোৱাৰ পূৰ্বে কিটচলিউ পঞ্জাৱ কংগ্ৰেছ কমিটিত
যোগদান কৰিছিল।১৯২৯–৩০ চনত লাহোৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনৰ
অভ্যৰ্থনা সমিতিৰ তেওঁ অধ্যক্ষও আছিল। উক্ত অধিবেশনতে ১৯৩০
চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতীয় স্বাধীনতা ঘোষণা কৰি সম্পূৰ্ণ স্বাধীনতা
লাভৰ লক্ষ্যৰে আইন অমান্য আন্দোলনৰ কাৰণে আহ্বান জনাইছিল।
কিচলিউ
নৌজাৱান ভাৰত সভা (ভাৰতীয় যুৱ কংগ্ৰেছ)ৰ প্ৰতিষ্ঠাপক নেতা আছিল, যিয়ে
লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় যুৱকক জাতীয়তাবাদী কামত সংগঠিত কৰিছিল। ১৯২০
চনৰ ২৯ অক্টোবৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা সমিতিৰো তেওঁ
সদস্য আছিল।
তেওঁ ‘তনজিম’ নামৰ উৰ্দু দৈনিক বাতৰি কাকত আৰম্ভ কৰিছিল আৰু
১৯২১ চনৰ জানুৱাৰী মাহত অমৃতসৰত যুৱক-যুৱতীসকলক জাতীয় কামৰ বাবে প্ৰশিক্ষণ দিয়াৰ
লগতে হিন্দু-মুছলমান ঐক্য প্ৰসাৰৰ কাৰণে স্বৰাজ আশ্ৰম প্ৰতিষ্ঠা কৰাত সহায়
কৰিছিল।স্বৰাজ আশ্ৰম ওড়িশাৰ কটক জিলাৰ কঠাজোদী নদীৰ বিপৰীত পাৰত অৱস্থিত। ভাৰতৰ স্বাধীনতা আন্দোলনত এই আশ্ৰমে
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কাৰণ কটকলৈ আহিলে বহু নেতাই এই আশ্ৰমত সভা
অনুষ্ঠিত কৰিছিল। ১৯২১ চনৰ ১৩ মাৰ্চত আশ্ৰমত প্ৰথম কংগ্ৰেছ কমিটীৰ অধিৱেশন
অনুষ্ঠিত হৈছিল। ১৯৩০-১৯৩৪ চনৰ ভিতৰত কিচলিউক বাৰে বাৰে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু
মুঠতে তেওঁ চৈধ্য বছৰ কাৰাগাৰৰ আঁৰত কটাবলগীয়া হৈছিল।
কিচলিউৱে
ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৰতীয় জাতীয়তাবাদক সমৰ্থন কৰিছিল
আৰু ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যে, বিভক্ত ভাৰতে মুছলমানসকলক
অৰ্থনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে দুৰ্বল কৰি তুলিব।
স্বাধীনতাৰ আগত- কিচলিউৱে মুছলিম লীগৰ পাকিস্তান দাবীৰ বিৰোধিতা
কৰিছিল আৰু পাছলৈ ১৯৪০ চনত তেওঁ পঞ্জাৱ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হৈছিল। ১৯৪৭ চনত তেওঁ তীব্ৰভাবে ভাৰত বিভাজনৰ বিৰোধিতা
কৰিছিল। তেওঁ দেশজুৰি ৰাজহুৱা সভা অনুষ্ঠিত হোৱা কৰি ভাৰত বিভাজনৰ বিৰুদ্ধে মাত মাতিছিল, আৰু
সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ অধিৱেশনত যিয়ে শেষত প্ৰস্তাৱটোৰ পক্ষত ভোট দান কৰিছিল।
তেওঁ ইয়াক "সাম্প্ৰদায়িকতাৰ বাবে জাতীয়তাবাদৰ আত্মসমৰ্পণ" বুলি
অভিহিত কৰিছিল। বিভাজন আৰু স্বাধীনতাৰ
কিছু বছৰৰ পাছত তেওঁ কংগ্ৰেছ ত্যাগ
কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ওচৰ চাপিছ্ল। তেওঁ সৰ্বভাৰতীয় শান্তি পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল
আৰু ১৯৫৪ চনত মাদ্ৰাজত অনুষ্ঠিত
সৰ্বভাৰতীয় শান্তি পৰিষদৰ চতুৰ্থ কংগ্ৰেছৰ বৈঠকলৈকে তেওঁ সভাপতি পদত অধিষ্ঠিত
আছিল। ইয়াৰ
উপৰিও তেওঁ বিশ্ব শান্তি পৰিষদৰ উপ-সভাপতি আছিল।
১৯৪৭ চনত
ভাৰত বিভাজনৰ পাছত সংঘটিত হোৱা দাঙ্গাৰ সময়ত দুবৃত্তই তেওঁৰ ঘৰ-দুৱাৰ জ্বলাই
দিয়াৰ পাছত কিটচলুই দিল্লীলৈ গুচি যায় আৰু গোটেই জীৱন ‘ইউ এছ এছ আৰ’ৰ সৈতে ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ বাবে
কাম কৰি কটায়। ১৯৫২ চনত তেওঁ ষ্টেলিন শান্তি বঁটা লাভ কৰে।১৯৫১ চনত চৰকাৰী আইন
অনুসৰি তেওঁক, জৱাহৰলাল নেহৰু আৰু মৌলানা আবুল কালাম আজাদক ‘জালিয়ানৱালা বাগ নেচনেল মেম'ৰিয়েল
ট্ৰাষ্ট’ৰ আজীৱন ট্ৰাষ্টী হিচাপে নিযুক্তি দিয়া হয়।
১৯৬৩
চনৰ ৯ অক্টোবৰত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ দিল্লীৰ
উপকণ্ঠ অঞ্চলৰ লামপুৰ গাঁৱত বাস কৰা তৌফিক কিচলিউ নামৰ এজন পুত্ৰ আৰু পাঁচগৰাকী
কন্যা সন্তানক এৰি থৈ যায়। তেওঁৰ চাৰিগৰাকী কন্যাই পাকিস্তানৰ পৰা অহা পুৰুষক
বিয়া কৰাইছিল যদিও এগৰাকী কন্যা জাহিদা কিচলিউৰ বিবাহ দক্ষিণ ভাৰতীয় সংগীত
পৰিচালক এম বি শ্ৰীনিবাসনৰ সৈতে হৈছিল। এম বি শ্ৰীনিবাসন মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰ
উদ্যোগত কাম কৰিছিল।
উত্তৰাধিকাৰ- পঞ্জাৱৰ লুধিয়ানাত এখন কলনী ডক্টৰ ছাইফুদ্দিন কিচলিউৰ
নামেৰে নামকৰণ কৰা হৈছে। ১৯৮৯ চনত ইণ্ডিয়ান ডাক বিভাগে তেওঁৰ স্মৃতিত এখন বিশেষ
ডাকটিকট মুকলি কৰিছিল। ২০০৯ চনত
জামিয়া মিলিয়া ইছলামিয়াই এমএমএজে একাডেমী অৱ থাৰ্ড ৱৰ্ল্ড ষ্টাডিজত চাইফুদ্দিন
কিচলিউ চেয়াৰ সৃষ্টি কৰিছে। অমৃতসৰৰ মল ৰোড আৰু ক’ৰ্ট
ৰোডৰ সংযোগস্থল কিচলিউ চ’ক নামেৰে নামকৰণ কৰা হৈছে আৰু সংয়োগস্থলত এটা
খুঁটাত তেওঁৰ এটা সৰু আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।•
আবুল কালাম আজাদ
ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্রী মৌলনা আবুল
কালাম আজাদৰ জন্ম ১৮৮৮ চনৰ ১১ নৱেম্বৰত চৌদি আৰবৰ মক্কা নগৰত। তেওঁৰ প্রকৃত নাম
আছিল আবুল কালাম মহিয়ুদ্দিন আহমদ আজাদ। তেওঁৰ দেউতাকৰ নাম আছিল খয়েৰ উদ্দিন আৰু
মাকৰ নাম আছিল জুলায়খা। আজাদৰ পূৰ্বপুৰুষসকল মোগল সম্রাট বাবৰৰ দিনত পাৰস্যৰ
খোৰাচান প্ৰদেশৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰি আহিছিল আৰু বংগত বসবাস কৰিবলৈ লৈছিল।
খয়েৰ উদ্দিন সুপণ্ডিত আৰু সুলেখক আছিল। প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধৰ সময়ত
তেওঁ আৰবলৈ গৈ কিছুদিন মক্কাত বসবাস কৰিছিল। মক্কাত বসবাস কৰাৰ সময়ত তেওঁ ভাৰতৰ
বংগীয়মূলৰ মদিনাৰ বাসিন্দা শ্বেইখ মোহাম্মদ উতৰীৰ জীয়েক জুলায়খা বেগমৰ লগত
বিবাহপাশত আৱদ্ধ হয় আৰু আজাদৰ জন্মৰ দুবছৰ পাছত অৰ্থাৎ ১৮৯০ চনত পুনৰ ভাৰতলৈ আহি
কলিকতাত বসবাস কৰিবলৈ লয়। আজাদ ঘৰুৱা শিক্ষকৰ ওচৰত বাংলা, উর্দু, পাৰ্ছী, এৰাবিক আৰু ইংৰাজী ভাষা শিকিছিল। তেওঁ ইছলামিক
শিক্ষাৰ লগতে গণিত, দৰ্শন, বুৰঞ্জী আৰু বিজ্ঞানো শিকিছিল।
আজাদ এগৰাকী জ্ঞানপিপাসু আৰু তীক্ষ্ণ বুদ্ধিৰ
ছাত্ৰ আছিল। বাৰ বছৰ বয়স নৌহওঁতেই তেওঁ এটি পুথিভড়াল আৰু ডেবেটিং ছোছাইটি স্থাপন
কৰি জ্ঞানৰ প্ৰতি থকা ধাউতিৰ পৰিচয় দিছিল। তেওঁ ইমাম গাজ্জালীৰ জীৱনৰ আধাৰত গজলো
লেখিছিল। মাথোন চৈধ্য বছৰ বয়সতে তেতিয়াৰ বিখ্যাত আলোচনী ‘মাখজান’ৰ পাতত
এটি জ্ঞানগর্ভ প্ৰৱন্ধ লেখি তেওঁ নিজৰ জ্ঞানৰ পৰিচয় দিছিল। ষোল্ল বছৰ বয়সত তেওঁ
সকলো ধৰণৰ বিদ্যাত পাৰ্গত হৈ উঠিছিল আৰু ১৯০৪ চনত মাথোন মাথোন ষোল্ল বছৰ বয়সত
লাহোৰত অনুষ্ঠিত হোৱা ‘আঞ্জুমানে
হেমায়তে ইছলাম'ৰ এক
অধিৱেশনত জ্ঞানগর্ভ বক্তৃতা প্ৰদান কৰি সৰ্বভাৰতীয় সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম
হৈছিল। তেওঁ ১৯০০ চনত ‘মিছবাহ' নামৰ এখন আলোচনী সম্পাদনা কৰাৰ লগতে ১৯০৩ চনত ‘লেছান-উছ-ছিদক' নামৰ
এখন মাহেকীয়া আলোচনী সম্পাদনা কৰিছিল। আলোচনী দুখনে জনপ্রিয়তাও অৰ্জন কৰিবলৈ
সক্ষম হৈছিল। ল'ৰালিৰেপৰা
আজাদে কবিতাকে আদি কৰি ধৰ্মীয় দৰ্শনৰ ওপৰত দীঘলীয়া প্ৰৱন্ধ ৰচনা কৰি নিজৰ জ্ঞানৰ
পৰিচয় দিছিল।
আজাদক আমি এগৰাকী স্বাধীনতা সংগ্রামী আৰু
ৰাজনৈতিক নেতা হিচাপে জানো যদিও সাংবাদিক হিচাপেও তেওঁ দক্ষতাৰ পৰিচয় দিছিল।
আজাদে ১৯১২ চনত ‘ আল
হিলাল’ (কাঁচিজোন) নামকৰণেৰে এখন উৰ্দু সপ্তাহিক আলোচনী
প্ৰকাশ কৰি উলিয়াইছিল। আল হিলালে উর্দূ সাহিত্য আৰু সাংবাদিকতাৰ জগতত এক নতুন
দিগন্ত সূচনা কৰিছিল। ভাব, ভাষা
আৰু সাহিত্য ৰসৰ ফালৰপৰা আলোচনীখন খুবেই উচ্চ পৰ্যায়ৰ আছিল আৰু পত্ৰিকাখনৰ
জৰিয়তে আজাদে ব্ৰিটিছৰ বিভেদ নীতিক চোকা সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে
হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ বাতাৱৰণ সৃষ্টিৰ কাৰণে প্ৰয়াস কৰিছিল। ফলত প্রথম
বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে পত্ৰিকাখন নিষিদ্ধ কৰে আৰু ১৯১৬
চনত তেওঁক ৰাঁচীত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।
জে'লৰপৰা
মুক্ত হৈ আজাদ খিলাফত আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু আফগানিস্থান, ইৰাক, ইজিপ্ত, তুর্কী আদি দেশ ভ্রমণ কৰে ৷ ভ্ৰমণ কালত তেওঁ
জামালুদ্দিন আফগানী, শ্বেইখ
মহম্মদ আব্দুলু, ছায়াদ
জদালুল পাছাৰ সান্নিধ্য লৈ আহে আৰু তেওঁলোকৰ আদৰ্শত অনুপ্ৰাণিত হৈ ভাৰতৰ জাতীয়
স্বাধীনতা আন্দোলনৰ প্ৰতি আকৃষ্ট হৈ পৰে। ভাৰতলৈ আহি তেওঁ অৰবিন্দ ঘোষ আৰু
শ্যামসুন্দৰ চক্ৰৱৰ্ত্তীৰ সান্নিধ্যলৈ আহি বিপ্লৱী ভাবাপন্ন হৈ উঠে আৰু সংগঠনৰ
কামত নিয়োজিত হৈ বংগ, বিহাৰ, মুম্বাই আৰু দিল্লীলৈ গৈ ভাষণ প্ৰদান কৰি
জনসাধাৰণক স্বাধীনতাৰ প্ৰতি আকৃষ্ট কৰি তোলে। ফলত তেওঁ বিপ্লৱীসকলৰ দ্বাৰা
প্ৰশংসিত হয় ।
হিন্দু-মুছলমান উভয় সম্প্রদায়ক স্বাধীনতাৰ
প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে এই সময়ছোৱাত আজাদ লালবাগ নামৰ এখন নতুন পত্রিকা প্ৰকাশ
কৰিবলৈ লয়। তেওঁৰ এই প্ৰচেষ্টাৰ ফলত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল
কিছু পৰিমাণে হ'লেও কট্টীয়া
হয়। তেওঁ খিলাফত আন্দোলনৰ
প্ৰতিও সমর্থন আগবঢ়াইছিল। লালবাগ পত্রিকাখনৰ জৰিয়তে তেওঁ ভাৰতীয় মুছলমানক
খিলাফত আন্দোলনৰ ভাবনাৰে উদ্বুদ্ধ কৰি ৰাজনৈতিকভাবে শক্তিশালী আৰু সামাজিকভাবে
সচেতন কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। ১৯১৯ চনত প্ৰৱৰ্তন কৰা ‘ৰাওলাট এক্ট’ৰ
বিৰুদ্ধে অসহযোগ আন্দোলনতো তেওঁ যোগদান কৰিছিল। ফলত দোপত-দোপে আজাদৰ জনপ্ৰিয়তা
বৃদ্ধি পাবলৈ ধৰে। আজাদৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি ব্ৰিটিছ চৰকাৰে ভাৰতীয়
প্ৰতিৰক্ষা ৰেগুলেশ্বন এক্টৰ অধীনত লালবাগ প্রত্রিকাখন নিষিদ্ধ কৰে আৰু বোম্বে
প্রেচিডেন্সী, যুক্তপ্রদেশ, পঞ্জাৱ আৰু দিল্লীত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰে।
১৯২০ চনৰ ১ জানুৱাৰীত তেওঁক জে'লৰপৰা
মুক্তি দিয়া হয়।
জে’লৰপৰা
মুক্ত হৈ আজাদ ব্ৰিটিছৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠে আৰু তুৰস্কৰ খলিফাৰ প্ৰতি সমর্থন
জনাই খিলাফত আন্দোলনৰ প্ৰতি অধিক আকৃষ্ট হৈ পৰে। খিলাফত আন্দোলন ভৰপক হৈ উঠাৰ
সময়ত মুছলমানসকলক জাতীয় আন্দোলনৰ লগত জড়িত কৰাৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে
খিলাফত আন্দোলনৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ লয় । আজাদ আৰু আলী ভ্রাতৃদ্বয়ে
এই সন্দৰ্ভত মহাত্মা গান্ধীক উষ্ম আদৰণি জনায় আৰু অসহযোগ আন্দোলনৰ প্ৰতি পূর্ণ
সমর্থন আগবঢ়াই ব্ৰিটিছৰদ্বাৰা স্থাপিত আৰু পৰিচালিত স্কুল-কলেজ, চৰকাৰী খেতাব ও উপাধি বর্জন, বিদেশী বস্তু বর্জনকে আদি কৰি চৰকাৰী তথা
বেচৰকাৰী কৰ্মচাৰীসকলে ব্ৰিটিছ চৰকাৰৰ লগত অসহযোগিতা কৰিবলৈ আৰম্ভ কৰে। এই
সময়ছোৱাত আজাদ মহাত্মা গান্ধীৰ সান্নিধ্য লৈ আহে আৰু অহিংসা নীতিৰ প্ৰতি আকৃষ্ট
হৈ কংগ্ৰেছৰ সদস্য হৈ পৰে। আজাদ তেতিয়া সৰ্বভাৰতীয় খিলাফত কমিটিৰো সভাপতি হিচাপে
নিৰ্বাচিত হৈছিল। অসহযোগ আন্দেলনত অংশ গ্ৰহণ কৰাৰ কাৰণে অন্যান্য নেতাসকলৰ লগতে
ব্ৰিটিছ চৰকাৰে আজাদকো গ্ৰেপ্তাৰ কৰে। ফলত আন্দোলন সাধাৰণ মানুহৰ মাজলৈ
সম্প্ৰসাৰিত হয় আৰু শান্তিপূর্ণ বিক্ষোভ, সমদল, হৰতাল আদি পালিত হয়।
এই সময়ছোৱাত আজাদৰ জীৱনৰ গতিপথ সলনি হয়।
খিলাফত আন্দোলনৰ সহযোগী মুখতাৰ আহমদ আনছাৰি, হাকিম
খান আদিৰ লগতে আজাদ ব্যক্তিগতভাবে মহাত্মা গান্ধীৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি আকৃষ্ট
হৈ পৰে। মুখতাৰ আহমদ আৰু হাকিম খানৰ লগত লগ লাগি আজাদে চৰকাৰী সাহায্য অবিহনে
দিল্লীত উচ্চশিক্ষাৰ প্ৰতিষ্ঠান জামিয়া মিলিয়া স্থাপন কৰে। এই সময়ছোৱাতে আজাদ
আৰু মহাত্মা গান্ধী মাজে-সময়ে ধর্মীয় বিষয়ক গভীৰ আলোচনাত মিলিত হৈছিল আৰু লাহে
লাহে উভয়ৰ বন্ধুত্ব নিবিড় হৈ উঠিছিল। আজাদ হজৰত মহম্মদৰ আদৰ্শ অনুসৰি সাধাৰণ
জীৱন যাপন কৰিছিল আৰু পাৰ্থিৱ আমোদ-প্রমোদৰপৰা আঁতৰি থাকিছিল। মহাত্মা গান্ধীৰ
আদৰ্শত অনুপ্ৰাণিত হৈ আজাদে খাদী কাপোৰ ব্যৱহাৰ আৰু চৰখাত সূতা কটিবলৈ লয়। এই
সময়তে আজাদ মহাত্মা গান্ধীৰদ্বাৰা স্থাপিত আশ্ৰমলৈ অহা-যোৱা কৰিবলৈ আৰম্ভ কৰে আৰু
লাহে লাহে আশ্ৰম জীৱনৰ লগত জড়িত হৈ পৰে। আশ্ৰম জীৱনৰ লগত জড়িত হৈ পৰাৰ ফলত তেওঁ
অহংস নীতিৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠে আৰু জৱাহৰলাল নেহৰু, চিত্তৰঞ্জন দাস আৰু সুভাষ বসুৰ লগত সম্পৰ্ক
গঢ়লৈ উঠে।
আজাদ কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি ইমানেই
একনিষ্ঠ ও আস্থাশীল আছিল যে, তেতিয়াৰ
মুছলিম নেতাসকলকো তেওঁ সমালোচনাৰে থকা-সৰকা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল । আলিগড়
বিশ্ববিদ্যালয়ৰ লগত জড়িত তেতিয়াৰ বৌদ্ধিক মহল আৰু মুছলিম লীগৰ নেতাসকলৰ
কংগ্ৰেছৰ প্ৰতি থকা সন্দেহপ্ৰৱণ মনোভাৱক তেওঁ চোকা ভাষাৰে সমালোচনা কৰিছিল। তেওঁ
ভাৰত বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ভাৰতক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে
প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। দলৰ প্ৰতি থকা আনুগত্য, নিষ্ঠা আৰু অদম্য কৰ্মস্পৃহাৰ প্ৰতি লক্ষ্য কৰি
১৯২৩ চনত মাথোন ৩৫ বছৰ বয়সত তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে
নিৰ্বাচিত কৰা হৈছিল। আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কনিষ্ঠতম সভাপতি আছিল। ১৯৩৯
চনৰপৰা ১৯৪৬ চনলৈ আজাদ পুনৰ জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ অন্যান্য নেতাসকলৰ লগত
কাৰাবাস বৰণ কৰিছিল।
উল্লেখযোগ্য যে, আজাদ
তেতিয়াৰ অন্যান্য মুছলিম নেতাতকৈ আদৰ্শৰ ফালৰপৰা ব্যতিক্ৰম আছিল। কাৰণ ভাৰতৰ সকলো
মুছলিম নেতাই যেতিয়া বংগ ভংগ সমৰ্থন কৰিছিল একমাত্র আজাদেই ইয়াৰ বিৰোধিতা কৰিছিল
। মুছলিম লীগে যেতিয়া ভাৰত বিভাজনৰ পোষকতা কৰিছিল আজাদ তেতিয়া কংগ্ৰেছৰ লগত থাকি
ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল। ফলত কংগ্ৰেছ দলে তেওঁক যথোচিত সন্মান প্রদর্শন আৰু
গুৰুত্ব প্ৰদান কৰিছিল। আজাদে ১৯৩৭ চনত কংগ্ৰেছৰ তিনিজনীয়া পার্লামেণ্টৰী বোৰ্ডৰ
সদস্য হিচাপে কংগ্ৰেছৰ নীতি নিৰ্দ্ধাৰণত বিশেষ ভূমিকা পালন কৰিছিল। ক্ৰিপচ মিছন, কেবিনেট মিছন আৰু চিমলা কনফাৰেন্সত ভাৰতৰ
স্বাধীনতা সম্পৰ্কে হোৱা আলোচনাত অংশ গ্রহণ কৰি আজাদে গুৰুত্বপূৰ্ণ মতামত
আগবঢ়াইছিল। ১৯৪৭ চনত গঠন হোৱা মধ্যৱৰ্ত্তীকালীন চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে
তেওঁক নিৰ্বাচন কৰা হৈছিল। ভাৰত বিভাজনৰ পাছতো তেওঁক শিক্ষা, কৃষ্টি আৰু বৈজ্ঞানিক গৱেষণা দপ্তৰৰ মন্ত্ৰীৰ
দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল আৰু মৃত্যুৰ মুহূৰ্তলৈকে তেওঁ উক্ত পদ অলংকৃত কৰিছিল।
শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত তেওঁ বিনামূলীয়া প্ৰাথমিক
শিক্ষা প্ৰৱৰ্তন কৰাৰ লগতে আধুনিক উচ্চশিক্ষাৰ অনুষ্ঠান ‘Indian Institute of Technology’, ‘University Grants commission' প্রতিষ্ঠা
কৰিছিল। জীৱিতকালতে তেওঁক ভাৰতৰত্ন প্ৰদানৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰা হৈছিল যদিও
তেওঁ নিজে সেই নির্বাচক কমিটিৰ সদস্য হোৱাৰ কাৰণে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল।
অৱশ্যে মৰণোত্তৰভাবে ১৯৯২ চনত তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছে।
আজাদ মাথোন একনিষ্ঠ স্বাধীনতা সংগ্রামী, বিচক্ষণ, উদাৰ, তীক্ষ্ণ বিচাৰ-বুদ্ধিসম্পন্ন ৰাজনীতিবিদ আৰু
সুবক্তাই নাছিল, এগৰাকী
চিন্তাশীল লেখক হিচাপেও তেওঁ পাঠকৰপৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। উন্নত লিখনশৈলী, ভাবৰ গভীৰতা, তীক্ষ্ণ
যুক্তি, সূক্ষ্ম পর্যবেক্ষণ আৰু প্ৰকাশভংগীৰ
চমৎকাৰিত্বৰ বাবে তেওঁৰ লেখনিসমূহ পাঠকৰদ্বাৰা সমাদৃত হৈছিল। নিৰ্ভীক, সত্যবাদী, উদাৰ, যুক্তিনিষ্ঠ লিখনিৰ বাবে তেওঁ ৰচনা কৰা
গ্ৰন্থসমূহে আজিও পাঠকৰপৰা সমানে সমাদৰ বুটিবলৈ সক্ষম হৈ আছে। তেওঁৰ আত্মজীৱনী
মূলক গ্রন্থ তাজকিৰা, আজাদী
কী কাহানী, তজামূল
কোৰাণ, কাৰৱানে খেয়াল, গোবাৰে
খাটিৰ আদি যুগমীয়া তথা মূল্যবান গ্রন্থ। তেওঁৰ আন এখন উল্লেখযোগ্য আৰু অন্তিমখন
গ্ৰন্থ হ’ল ‘ইণ্ডিয়া
উইনচ্ ফ্রিডম'। গ্ৰন্থখনৰ বিষয়বস্তু
তেওঁ মুখে মুখে কৈ গৈছিল আৰু হুমায়ূন কবীৰে ইংৰাজীত অনুবাদ কৰি
লেখি গৈছিল। সংগ্ৰামৰ বহু ভিতৰুৱা তথা তিক্ত অভিজ্ঞতাৰ কথা বৰ্ণনা কৰা হৈছে
গ্ৰন্থখনত । গ্ৰন্থখনত আজাদৰ তীক্ষ্ণ বিশ্লেষণ ক্ষমতা, নিৰ্ভীকতা আৰু সত্যবাদিতাৰ প্ৰমাণ পোৱা যায়।
এইগৰাকী মহান শিক্ষাবিদ, চিন্তাশীল
লেখক তথা বিচক্ষণ ৰাজনীতিবিদৰ ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত দেহাৱসান হয়। ভাৰত চৰকাৰে
তেওঁৰ জন্মদিন ১১ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰিবলৈ
লৈছে। এয়া খুবেই সময়োপযোগী আৰু প্ৰশংসনীয় পদক্ষেপ হৈছে।*
আবিদ হাছান চফৰানী
ঔপনিৱেশিক শাসক বিৰোধী পৰিয়ালত জন্মগ্ৰহণ কৰা
আবিদ হাছান হায়দৰাবাদত ডাঙৰ-দীঘল হৈছিল। গভীৰ দেশপ্ৰেমী কিশোৰ
আবিদ হুছেইন মহাত্মা গান্ধীৰ শিষ্য আছিল আৰু সৱৰমতী আশ্ৰমত কটাইছিল।পাছলৈ তেওঁৰ সমসাময়িকসকলৰ সকলোৱে ব্ৰিটেইনৰ
বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ যোৱাত আবিদে জাৰ্মানীলৈ গৈ অভিযান্ত্ৰিক বিষয়ত
ডিগ্ৰী লাভ কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু তাতেই, ১৯৪১ চনত তেওঁ ভাৰতীয় যুদ্ধবন্দীসকলৰ এখন
বৈঠকত প্ৰথমবাৰৰ বাবে নেতাজীক লগ পাইছিল আৰু নেতাজীৰ নেতৃত্বৰ দ্বাৰা অনুপ্ৰাণিত
হৈ অৱশেষত তেওঁ কলেজ এৰি আই এন এত যোগদান কৰিছিল।
আবিদ হাছান চফৰানী নেতাজী সুভাষ চন্দ্ৰ বসুৰ
ঘনিষ্ঠ সহযোগী আৰু সহায়ক আছিল। তেওঁ
সুভাষ চন্দ্ৰ বসুৰ ব্যক্তিগত সম্পাদক আৰু দোভাষী হিচাপে কাম কৰিছিল। নেতাজীয়ে
ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীৰ বাবে গ্ৰহণ কৰা "জয় হিন্দ" শ্লোগান আবিদ
হাছানৰ ৰচনা। তেওঁ নিজৰ কৰ্মদক্ষতাৰে অৱশেষত আজাদ হিন্দ ফৌজৰ মেজৰ পদলৈ উন্নীত হৈছিল।
মৃত্যু:- ১৯৮৪ চনত তেওঁৰ মৃত্যু হয়।•
বৰকত আহমদ
বৰকত আহমদ (১৭৮৭ – ৫ জুন ১৮৫৮) এজন বিদ্ৰোহী চিপাহী আৰু ১৮৫৭ চনৰ
ভাৰতীয় বিদ্ৰোহৰ আগশাৰীৰ বিদ্ৰোহী আছিল।বৰকত আহমেদে আৱধ অঞ্চলৰ চিনহাট যুদ্ধত
ভাৰতীয় বিদ্ৰোহী সৈন্যবাহিনীৰ নেতৃত্ব দিছিল। বৰকত আহমদ আছিল এজন উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত ব্ৰিটিছ চিপাহী আছিল। ব্ৰিটিছ সেনা বিষয়া ছাৰ হেনৰী লৰেন্স লক্ষ্ণৌৰ ৰেচিডেন্সি
চৌহদত আশ্ৰয় লৈ থকা সময়ত বৰকত আহমেদে তেওঁৰ বিৰুদ্ধে বিদ্ৰোহীসকলক নেতৃত্ব দিছিল।
চিনহাটৰ যুদ্ধ- ১৮৫৭ চনৰ ৩০ জুনত ছাৰ হেনৰীয়ে
বিদ্ৰোহীসকলৰ গতিবিধি আৰু লক্ষ্ণৌ আক্ৰমণৰ পৰিকল্পনাৰ তথ্য লাভ কৰে। ছাৰ হেনৰীয়ে প্ৰগাঢ়
আত্মবিশ্বাসেৰে বিদ্ৰোহীসকলক খাপপাতি ৰৈ থাকি আক্ৰমণ (এম্বুছ)কৰিবলৈ তেওঁ
সেনাবাহিনীক নেতৃত্ব দি ৰেচিডেন্সিৰ পৰা বাগী এখনত উঠি ওলাই আহিছিল। ইংৰাজ সেনা
৩০০ জন ব্ৰিটিছ সৈনিক, ২০০ জন ভাৰতীয়
সৈনিক, ২০০ জন অশ্বাৰোহী আৰু ১৩ টা কামানেৰে সুসজ্জিত আছিল।
বৰকত আহমেদে ব্ৰিটিছসকলৰ এই পদক্ষেপৰ আগজাননী লাভ কৰিছিল, সেয়েহে তেওঁ লক্ষ্ণৌৰ পৰা বাৰ মাইল দূৰৈৰ
চিনহাট গাঁৱৰ ওচৰত ব্ৰিটিছ সেনাক আক্ৰমণৰ পৰিকল্পনা কৰিছিল।
বৰকত আহমেদৰ নেতৃত্বত ৫০০০ জন বিদ্ৰোহী সেনা।
তেওঁৰ অধীনত আহমদুল্লাহ ছাহো সেনাপতি হিচাপে আছিল। চিনহাটত তীব্ৰ যুদ্ধ সংঘটিত হয়,
য'ত ব্ৰিটিছসকল ৰেচিডেন্সিলৈ পিছুৱাই যায়। ২
জুলাইত বিস্ফোৰিত গোলাত হেনৰী লৰেন্স আঘাতপ্ৰাপ্ত
হয় আৰু দুদিন পাছত তেওঁৰ মৃত্যু হয়। বৰকত আহমদ ভাৰতৰ ইতিহাসৰ এগৰাকী পাহৰি যোৱা
নায়ক। ১৯৫৮ চনৰ ৫ জুনত তেওঁৰ মৃত্যু হয়।•
ফজল-ই-হক খাইৰাবাদী
ফজল-ই-হক
খাইৰাবাদী (১৭৯৬/১৭৯৭ – ১৯ আগষ্ট ১৮৬১) এজন হানাফী মুফতি, ধৰ্ম
বিষয়ক পণ্ডিত, ধৰ্মতত্ত্ববিদ আৰু কবি আছিল। ভাৰতীয় স্বাধীনতা
আন্দোলনৰ কৰ্মী হিচাপে তেওঁ ব্ৰিটিছ উপনিবেশবাদৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। তেওঁ ব্ৰিটিছ
ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সামৰিক জেহাদ কৰাৰ সপক্ষে ধৰ্মীয় আদেশ জাৰি কৰিছিল আৰু
১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিবলৈ বিভিন্নজনক অনুপ্ৰাণিত কৰিছিল। ইছমাইল দেহলৱীৰ
তকৱিয়াত আল ইমান("ঈমান শক্তিশালী কৰা)ক খণ্ডন কৰি তাহকিক আল-ফতোৱা ফি আবতাল
আল-তাঘৱা লিখিছিল আৰু আল-থাউৰা আল-হিন্দিয়া আদি গ্ৰন্থ ৰচনা কৰিছিল।
জীৱন- ১৭৯৬ বা
১৭৯৭ চনত সীতাপুৰৰ খাইৰাবাদত ফজল-ই-হকৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল ছাদৰ
আল-ছাদুৰ। তেওঁ ধৰ্মীয় বিষয়ত মোগলৰ মুখ্য উপদেষ্টা আছিল। ফজল-ই-হক খাইৰাবাদী ১৩ বছৰ বয়সত শিক্ষক হিচাপে
নিযুক্তি লাভ কৰিছিল।১৮২৮ চনত তেওঁক কাজা(ইছলামিক ন্যায়িক ব্যৱস্থাত
কাজা হৈছে সাধাৰণতে বাদ দিয়া বা পিছুৱাই দিয়া কৰ্তব্য বা বাধ্যবাধকতাক
"পূৰণ বা সম্পূৰ্ণ কৰা"ক বুজায়।) বিভাগত মুফতিৰ পদত নিযুক্তি দিয়া
হৈছিল।
ইছলামিক
অধ্যয়ন আৰু ধৰ্মতত্ত্বৰ পণ্ডিত হোৱাৰ উপৰিও ফজল-ই-হক খাইৰাবাদী বিশেষকৈ উৰ্দু, আৰবী
আৰু পাৰ্চী সাহিত্যৰ সাহিত্যিক আছিল। আৰবী ভাষাত ৪০০ৰো অধিক কপলেট(ইটোৰ পাছত সিটো
সমান দৈৰ্ঘ্যৰ দুটা শাৰীৰ কবিতা) তেওঁৰ ৰচনা বুলি কোৱা হয়। তেওঁ প্ৰথম মিৰ্জা গালিবৰ
দিৱান সম্পাদনা কৰিছিল। তেওঁ হানাফী চিন্তাধাৰা অনুসৰণ কৰিছিল আৰু মাতুৰিদী
(মাতুৰিদী হৈছে চুন্নী ইছলামৰ ধৰ্মতত্ত্বৰ এখন বিদ্যালয়, যাৰ নাম আবু মনছুৰ আল-মাতুৰিদিৰ নামেৰে ৰখা
হৈছে।) বিদ্যালয়ৰ ধৰ্মতত্ত্ববিদ আৰু কবি আছিল।
তেওঁৰ
গভীৰ জ্ঞান আৰু পাণ্ডিত্যৰ বাবে তেওঁক "আল্লামা" উপাধি প্ৰদান কৰা হৈছিল
আৰু পাছলৈ তেওঁক এজন মহান চুফী হিচাপে ভক্তি কৰা হৈছিল। তেওঁক যুক্তি, দৰ্শন
আৰু সাহিত্যৰ ইমাম বুলিও কোৱা হৈছিল। তেওঁক পণ্ডিতসকলে ফতোৱা বা ধৰ্মীয় ৰায়দানৰ
চূড়ান্ত কৰ্তৃপক্ষ বুলি গণ্য কৰিছিল।
তেওঁ
প্ৰগাঢ় জ্ঞানী, বুদ্ধিমান আৰু প্ৰত্যুৎপন্নমতি সম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল।মিৰ্জা
গালিব আৰু সমসাময়িক অন্যান্য বিশিষ্ট কবি, সাহিত্যিক
আৰু বুদ্ধিজীৱীসকলৰ সৈতে তেওঁৰ ৰিপাৰ্টী(দ্ৰুতভাৱে দিয়া চতুৰ আৰু হাস্যকৰ মন্তব্য)ৰ
কাহিনী আছে। তেওঁ আৰু তেওঁৰ পুত্ৰ আব্দুল আল-হক খাইৰাবাদে উত্তৰ ভাৰতত মাদ্ৰাছা
খাইৰাবাদ প্ৰতিষ্ঠা কৰিছিল, য'ত বহু
পণ্ডিতে শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ আৰবী ভাষাত ৰিছালা আল-থাউৰা
আল-হিন্দিয়া লিখিছিল আৰু ভাৰতীয় বিদ্ৰোহৰ বিষয়ে আল-থাউৰা আল-হিন্দিয়া নামৰ
বিৱৰণী লিখিছিল।
ৱাহাবী
আৰু দেওবন্দী বিশ্বাসৰ বিৰুদ্ধে ফাতোৱা- খাইৰাবাদীয়ে
নিজৰ জীৱনত ৱাহাবীৰ বিৰুদ্ধে বিভিন্ন মছনৱী(দুটা শাৰীৰ আধ্যাত্মিক কবিতা) লিখিছিল।
১৮২৫ চনত খাইৰাবাদীয়ে ইছমাইল দেহলৱীৰ বিৰুদ্ধে ঈশ্বৰৰ মিছা কোৱাৰ ক্ষমতা আছে বুলি
কোৱা মতবাদৰ বাবে ফতোৱা জাৰি কৰিছিল(ইমকান আল-কিদব)। “ইমকান
আল-কিদব” শব্দৰ ব্যৱহাৰ; শ্বেইখ
নুহৰ মতে ই মিছা কোৱাৰ বাস্তৱিক সম্ভাৱনাক বুজায় আৰু সেয়েহে ই কুফৰ। দেওবন্দী
পণ্ডিতসকলে এই শব্দটো ব্যৱহাৰ কৰে। ইছমাইলক দেওবন্দীসকলৰ বৌদ্ধিক পূৰ্বপুৰুষ
হিচাপে গণ্য কৰা হয়। দাৰুল উলুম দেওবন্দ, প্ৰতিষ্ঠাপক
ৰছিদ আহমদ গংগোহীয়ে পাছলৈ দেহলৱীৰ ইমকান আল-কিদবৰ মতবাদক গ্ৰহণ কৰি কয় যে ঈশ্বৰৰ
মিছা কোৱাৰ ক্ষমতা আছে। এই মতবাদক ইমকান আল-কিদব বুলি কোৱা হয়।এই মতবাদ অনুসৰি
ঈশ্বৰ সৰ্বশক্তিমান হোৱাৰ বাবে ঈশ্বৰ মিছা ক'বলৈ
সক্ষম।
ব্ৰিটিছ
শাসনৰ বিৰুদ্ধে জেহাদ- ভাৰতীয়সকলে ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ
বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে খৈৰাবাদীয়ে মোগল সম্ৰাট বাহাদুৰ
শ্বাহ জাফৰৰ সৈতে কেইবাখনো ব্যক্তিগত বৈঠক অনুষ্ঠিত কছিছিল। এই বৈঠক ১৮৫৭
চনৰ মে’ মাহলৈকে
চলিছিল। ১৮৫৭ চনৰ ২৬ জুনত জেনেৰেল বখত খানে তেওঁৰ ১৪০০০
সৈন্যৰ সৈতে বেৰেলীৰ পৰা দিল্লীত আহি উপস্থিত হৈছিল। তেতিয়া খৈৰাবাদীয়ে
ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদক সমৰ্থন কৰি ধৰ্মীয় আদেশ(ফতোৱা) জাৰি
কৰিছিল। চদৰুদ্দিন আজুৰদা, আব্দুল
কাদিৰ, ফৈজুল্লাহ
দেহালৱী, ফৈজ
আহমেদ বদয়ুনি, ৱাজিৰ খান, আৰু
চৈয়দ মুবাৰক শ্বাহ ৰামপুৰীয়ে এই ফাতোৱাত স্বাক্ষৰ কৰিছিল। এই ফতোৱাৰ
জৰিয়তে তেওঁ মানুহক ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। খৈৰাবাদীৰ
আদেশ জাৰি হোৱাৰ পাছত ব্ৰিটিছে দিল্লীৰ স্বাৰ্থ ৰক্ষা আৰু জেহাদৰ প্ৰসাৰ ৰোধ
কৰিবলৈ দিল্লীৰ চাৰিওফালে প্ৰায় ৯০,০০০
সৈন্যৰ বৃহত বাহিনী নিয়োগ কৰিছিল। পাছলৈ খৈৰাবাদীক
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কালাপানী কাৰাগাৰলৈ নিৰ্বাসনলৈ পঠিওৱা হৈছিল।
১৮৫৯
চনৰ ৩০ জানুৱাৰীত খৈৰাবাদত হিংসাৰ বাবে উচটনি দিয়াৰ অপৰাধত ব্ৰিটিছ কৰ্তৃপক্ষই
তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিচাৰ হৈছিল আৰু হত্যাকাণ্ডত উৎসাহিত কৰা আৰু বিদ্ৰোহত
ভূমিকা লোৱাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হৈছিল। ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁক
"অসাধাৰণ চোৰাংচোৱা আৰু বুদ্ধিমত্তা থকা ব্যক্তিত্ব বুলি গণ্য কৰিছিল আৰু
ব্ৰিটিছৰ বাবে আটাইতকৈ বিপজ্জনক ভাবুকি হিচাপে গণ্য কৰা হৈছিল। সেয়েহে
তেওঁক ভাৰতৰ মূল ভূখণ্ডৰ পৰা উচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ
উঠিছিল যে তেওঁ, ব্ৰিটিছ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ জনসাধাৰণক
বুজাইছিল, প্ৰচাৰ
চলাইছিল আৰু জনসাধাৰণক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছিল আৰু হিংসাৰ
বাবে উচটনি দি ফতোৱা জাৰি কৰি উত্তেজক ভাষণ প্ৰদান কৰিছিল।
তেওঁ নিজেই
নিজৰ গোচৰৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। তেওঁৰ যুক্তি প্ৰদৰ্শন ইমানেই পতিয়ন
যোগ্য আছিল যে, তেওঁ ফতোৱা দিয়াৰ কথা স্বীকাৰ কৰিছিল আৰু মিছা ক’ব নোৱাৰে বুলি ঘোষণা কৰিছিল। তেওঁক যাৱজ্জীৱন
কাৰাদণ্ড বিহা হৈছিল, আৰু
তেওঁৰ সম্পত্তি অৱধ আদালতৰ ন্যায়িক আয়ুক্তই বাজেয়াপ্ত কৰিছিল। ১৮৫৯ চনৰ ৮
অক্টোবৰত ভাপ ফ্ৰিগেট ফায়াৰ কুইনত উঠি তেওঁ আন্দামান দ্বীপত উপস্থিত হৈছিল। ১৮৬১ চনত
মৃত্যুৰ আগলৈকে তেওঁ তাতেই কাৰাবন্দী হৈ আছিল।
সাহিত্যিক
ৰচনা- খাইৰাবাদীয়ে
ইছমাইল ডেহলভিৰ তকৱিয়াত আল-ইমানক খণ্ডন কৰি তাহকিক আল-ফতোৱা ফি আবতাল আল-তাঘৱা ৰচনা
কৰিছিল। তেওঁৰ আন আন ৰচনাসমূহৰ ভিতৰত আছে:-
আল-হিদাহ
আল-ছায়িদিয়া (ইংৰাজীত আল-হিদাহ"ৰ অনুবাদ হৈছে "The Guidance"। ইছলামত
ইয়াৰ অৰ্থ হৈছে মূলতঃ কোৰআন আৰু হজৰত মহম্মদৰ ছুন্নাহ (অভ্যাস)ৰ জৰিয়তে ঈশ্বৰে
মানুহক প্ৰদান কৰা ঐশ্বৰিক হিদায়ক। হিদায়াক আল্লাহৰ পৰা পোৱা দয়া আৰু অনুগ্ৰহ
বুলি গণ্য কৰা হয়, যিয়ে
ব্যক্তিক সৰল পথৰ দিশত পথ প্ৰদৰ্শন কৰে (চিৰাত-আল-মুস্তাকিম))।
আল-ৰৌধ
আল-মাজুদ : মাছলাহি ৱাহদাত আল-উজুদ কি বুলণ্ড পায়াহ তাখলিক
আল-হাছিয়া
লিল-মাউলাৱী ফাজল ই হক খাইৰাবাদী আলা শ্বাৰহ আল-ছালাম লিল-কাদি মুবাৰক
আল-থাউৰা
আল-হিন্দিয়া
ব্যক্তিগত
জীৱন- তেওঁৰ পিতৃ আছিল ইমাম ফজল ইমান। তেওঁৰ পুত্ৰ
আব্দুল হকও এজন আগশাৰীৰ সন্মানীয় পণ্ডিত আছিল আৰু তেওঁক ছামছ আল-উলামা উপাধি
দিয়া হৈছিল। তেওঁৰ নাতি আছিল মুজতাৰ খাইৰাবাদী। বিখ্যাত কবি আৰু গীতিকাৰ জন নিছাৰ
আখতাৰ তেওঁৰ প্ৰপৌত্ৰ আৰু জাভেদ আখতাৰ, ফাৰহান
আখতাৰ আৰু জ'য়া আখতাৰ আটাইকেইজনেই তেওঁৰ বংশধৰ।
তেওঁৰ
পুত্ৰসকলৰ ভিতৰত আব্দুল হক খাইৰাবাদী আছিল এজন যুক্তিবাদী পণ্ডিত আৰু মজিদ আলী
জৌনপুৰীৰ শিক্ষক।
মৃত্যু- তেওঁ
আন্দামানত ২২ মাহ বন্দী হৈ আছিল, আল্লামাই আৰবী ভাষাত আয়াতৰ আকাৰত
প্ৰত্যক্ষদৰ্শীৰ কেইবাটাও বিৱৰণী লিখিছিল (কাছিদা), ইয়াৰ
উপৰিও ১৮৫৭ চনৰ যুদ্ধ আৰু পৰিঘটনাৰ বিশ্লেষণ কৰি তেওঁ আল-থাউৰা আল-হিন্দিয়া নামৰ এখন
কিতাপো লিখিছিল। ১৮৬১ চনৰ ১৯ আগষ্টত আন্দামান দ্বীপপুঞ্জত নিৰ্বাসিত অৱস্থাত ফজল-ই-হক
খাইৰাবাদীৰ মৃত্যু হয়।•
বখত খান
বখত
খান (১৭৯৭–১৮৫৯)
১৮৫৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় বিদ্ৰোহৰ সময়ত দিল্লী চহৰত
ভাৰতীয় বিদ্ৰোহী বাহিনীৰ প্ৰধান সেনাপতি আছিল।
জন্ম-
বখত খানৰ জন্ম হৈছিল ১৭৯৭ চনত আৰু মৃত্যু হৈছিল সংযুক্ত প্ৰদেশৰ বিজনুৰ
জিলাৰ(ৰোহিলখণ্ড) অঞ্চলত ১৯৫৯ চনত। তেওঁ ইষ্ট
ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীত চুবেদাৰ (চীফ কমাণ্ডিং অফিচাৰ) হৈছিল। তেওঁ বংগ হৰ্চ আৰ্টিলাৰী(ব্ৰিটিছ
ভাৰতৰ তিনিটা প্ৰেছিডেণ্টিৰ ভিতৰত অন্যতম বংগ প্ৰেছিডেণ্টিৰ সেনাবাহিনী)ত কাৰ্যনিৰ্বাহ
কৰাৰ চল্লিশ বছৰীয়া অভিজ্ঞতা লাভ আছিল। বিদ্ৰোহী সংঘটিত হোৱাৰ আগতে বখত খান ব্ৰিটিছ অফিচাৰৰ
মাজত জনপ্ৰিয় আছিল। আনকি ১৮৫৭ চনত দিল্লী অৱৰোধৰ সময়ত তেওঁৰ বিৰুদ্ধে যুদ্ধত
অৱতীৰ্ণ হোৱা ব্ৰিটিছ বিষয়াসকলৰ সৈতেও
তেওঁ পৰিচিত আছিল। ব্ৰিটিছ বিষয়াসকলে তেওঁক বিদ্ৰোহৰ “আটাইতকৈ বুদ্ধিমান চৰিত্ৰ” বুলি অভিহিত কৰিছিল। যুদ্ধৰ সময়ত তেওঁ আৰ্থিক
সংকটত ভুগিছিল। যুদ্ধত আহত হৈ তেওঁ দিল্লীৰ পৰা নেপাললৈ পলাই গৈছিল আৰু ১৮৫৯ চনত
নেপালৰ তেৰাই সমভূমিত শেষ নিশ্বাস ত্যাগ কৰিছিল।
প্ৰাথমিক
জীৱন- বহু উৰ্দু লেখকে বখত খানক ৰোহিল্লা ঐতিহ্যৰ বুলি বৰ্ণনা কৰিছে, কিন্তু তেওঁলোকৰ কোনোৱেই তেওঁৰ স্পষ্ট
পাৰিবাৰিক পটভূমি দিয়া নাই। ভাৰতীয় বিদ্ৰোহ দমনত অংশগ্ৰহণ কৰা এজন ব্ৰিটিছ সামৰিক
বিষয়াই তেওঁক হিন্দু পৰিয়ালৰ বুলি কৈছে, যিয়ে
পাছলৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। ব্ৰিটিছ চোৰাংচোৱা মুনছি জীৱন লালৰ মতে, বখত খানে
নিজকে মোগল আৰু বাহাদুৰ শ্বাহ জাফৰৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰিছিল। খোৱাজা
হাছান নিজামীয়ে তেওঁক মাতৃৰ ফালৰ পৰা অৱধৰ নবাবৰ আৰু পিতৃৰ ফালৰ পৰা ৰোহিল্লাৰ গুলাম
কাদিৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰিছিল যদিও কোনো উল্লেখযোগ্য তথ্য প্ৰকাশ কৰা
নাই।
ৰোহিলখণ্ডৰ
বিজনোৰত জন্মগ্ৰহণ কৰা বখত খান ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ মুখ্য থলুৱা কমাণ্ডিং
অফিচাৰ (চুবেদাৰ) হৈছিল। তেওঁ বংগ হৰ্চ আৰ্টিলাৰীত কৰ্মৰত আছিল আৰু তাত
তেওঁ চল্লিশ বছৰৰ অভিজ্ঞতা লাভ কৰিছিল। ১৮৩৮ চনৰ পৰা ১৮৪২ চনলৈকে ব্ৰিটিছ সাম্ৰাজ্য
আৰু কাবুল আমীৰাটৰ মাজত প্ৰথম এংলো-আফগান যুদ্ধ সংঘটিত হৈছিল। সেই যুদ্ধত তেওঁ অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ
ভাৰতীয় সেনাবাহিনীত উত্তৰ ভাৰতীয় মুছলমানসকলক সাধাৰণতে পছন্দ কৰা হৈছিল আৰু মুছলমানসকলে
সেনাবাহিনীত সৰহসংখ্যক স্থান লাভ কৰিছিল।
বিদ্ৰোহ-
১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহ আৰম্ভ হৈছিল, যেতিয়া চিপাহীৰ দলে এটা দলে ৰাইফলৰ
কাৰ্টিজত গাহৰি বা গো-মাংসৰ চৰ্বি দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ ফলত
গাহৰিৰ মাংস নোখোৱা মুছলমান সৈনিক আৰু গো-মাংস নোখোৱা হিন্দু সৈনিক উভয়কে ক্ষুন্ন
হৈছিল আৰু ক্ষোভিত সৈনিকসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। এই বিদ্ৰোহ দিল্লীৰ
আশে-পাশে থকা অঞ্চলত দ্ৰুতগতিত বিয়পি পৰিছিল।
বেৰেলীত
বিদ্ৰোহৰ আৰম্ভ লগে লগে বিদ্ৰোহী চিপাহীসকলে চুবেদাৰ বখত খানক বিদ্ৰোহী সকলৰ নেতা বুলি
স্বীকাৰ কৰিছিল। মীৰাটৰ বিদ্ৰোহৰ খবৰ পাই বখত খানে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ
সৈন্যবাহিনীক সমৰ্থন কৰিবলৈ দিল্লীলৈ যাত্ৰা কৰিবলৈ সিদ্ধান্ত লৈছিল। ১৮৫৭ চনৰ ১
জুলাইত বখত খানে বৃহৎ সংখ্যক ৰোহিল্লা চিপাহী লৈ দিল্লীত উপস্থিত সময়ত চহৰখন
ইতিমধ্যে বিদ্ৰোহী বাহিনীয়ে দখল কৰিছিল আৰু মোগল শাসক বাহাদুৰ শ্বাহ জাফৰক ভাৰতৰ
সম্ৰাট বুলি ঘোষণা কৰিছিল আৰু বিদ্ৰোহী বাহিনীয়ে সম্ৰাটৰ ডাঙৰ পুত্ৰ মিৰ্জা মোগল, যাক মিৰ্জা জাহিৰ-উদ্দিন বুলিও কোৱা হয়, তেওঁক মুখ্য সেনাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল
যদিও এই চাহজাদাৰ কোনো সামৰিক অভিজ্ঞতা নাছিল।এই মুহূৰ্তত বখত খান তেওঁৰ বাহিনীসহ
দিল্লীত উপস্থিত হৈছিল। তেওঁৰ নেতৃত্বত পৰিচালিত বেৰেলি ব্ৰিগেডৰ লগত বংগৰ নেটিভ
ইনফেণ্ট্ৰিৰ চাৰিটা ৰেজিমেণ্ট, এদল
অশ্বাৰোহী আৰু এদল গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত বাহিনী আছিল। এই যথেষ্ট শক্তিশালী
বাহিনীলৈ সুশৃংখলিতভাৱে যাত্ৰা কৰি বখত খানে দিল্লী ঘেৰাও কৰাত ব্ৰিটিছক হতাশ কৰি
তুলিছিল আৰু বাহাদুৰ শ্বাহ জাফৰক উৎসাহিত কৰিছিল। বখত খান আৰু তেওঁৰ বিষয়াসকলক
সম্ৰাটৰ সৈতে সাক্ষাৎ কৰিবলৈ অতিসোনকালে মাতি অনা হৈছিল। খানৰ প্ৰশাসনিক ক্ষমতা প্ৰত্যক্ষ
কৰি সম্ৰাটে তেওঁক চাহেব-ই-আলম বাহাদুৰ বা লৰ্ড গৱৰ্ণৰ জেনেৰেল উপাধি প্ৰদান
কৰিছিল। খান চিপাহী বাহিনীৰ(মৌখিক)ভাৰ্চুৱেল
কমাণ্ডাৰ নিযুক্ত কৰা হৈছিল যদিও মিৰ্জা জাহিৰ-উদ্দিন তেতিয়াও মুখ্য সেনাপতি পদত আছিল।
বখত
খানে বহু সমস্যাৰ সন্মুখীন হৈছিল আৰু সমস্যা দ্ৰুত সমাধানৰ প্ৰয়োজন আছিল। প্ৰথম
আৰু প্ৰধান সমস্যাটো আছিল আৰ্থিক, ইয়াৰ
সমাধানৰ বাবে তেওঁ সম্ৰাটৰ পৰা কৰ সংগ্ৰহৰ কৰ্তৃত্ব লাভ কৰিছিল। দ্বিতীয়টো সমস্যা
আছিল যোগানৰ লজিষ্টিক সমস্যা, যিটো
সময়ৰ লগে লগে অধিক তীব্ৰ হৈ উঠিছিল। সমস্যা অধিক
তীব্ৰ হৈ পৰিছিল যেতিয়া ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটিছ বাহিনীয়ে চহৰখন আক্ৰমণ
কৰিছিল। দিল্লীৰ আশে-পাশে পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটিছিল; বিদ্ৰোহীসকলৰ সংগঠনৰ অভাৱ, যোগান আৰু সামৰিক শক্তিৰ অভাৱ বাখত খানৰ
নেতৃত্বই পূৰণ কৰিব নোৱাৰিলে। ১৮৫৭ চনৰ ৮ জুনত দিল্লী ব্ৰিটিছে ঘেৰাও কৰিছিল।১৪ ছেপ্টেম্বৰত
ইংৰাজে কাশ্মীৰী গেট দখল কৰে আৰু বাহাদুৰ শ্বাহে ২০ ছেপ্টেম্বৰত বখত খানৰ অনুৰোধৰ
বিৰুদ্ধে গৈ ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পূৰ্বে হুমায়ুনৰ সমাধিলৈ পলায়ন কৰে। তাতে
সম্ৰাটক গ্ৰেপ্তাৰ কৰা হয়, আৰু আৰু
তেওঁৰ পুত্ৰ মিৰ্জা আবু বকৰ আৰু মিৰ্জা খিজৰ চুলতানক ইংৰাজে ফাঁচী দিয়ে। চহৰখন
দখল কৰাৰ পাছত বিজয়ী সৈন্যই কেইবাদিনো চহৰখন লুটপাত চলায়। লুটপাতৰ পাছত অৱশেষত
শৃংখলা চহৰখনত ঘূৰি আহে।
ব্ৰিটিছ
সেনাই দিল্লী দখল কৰাৰ পাছত বখত খানে দিল্লী এৰি লক্ষ্ণৌ আৰু শ্বাহজাহানপুৰত থকা বিদ্ৰোহী
বাহিনীত যোগদান কৰে।পিছলৈ বাহাদুৰ শ্বাহ জাফৰৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত বিচাৰ কৰা
হয় আৰু তেওঁক বাৰ্মাৰ ৰেংগুনলৈ নিৰ্বাসিত কৰা হয়। ৰেংগুনতে ১৮৬২ চনত বাহাদুৰ ছাহ জাফৰৰ মৃত্যু
হয়।
মৃত্যু-
আহত অৱস্থাত দিল্লীৰ পৰা ওলাই অহাৰ পাছত তেওঁ নেপাললৈ যায় আৰু ১৮৫৯ চনত নেপালৰ
তেৰাই সমভূমিত মৃত্যু হয়।
পাকিস্তানৰ
খাইবাৰ পখতুনখোৱাৰ বুনেৰ জিলাৰ নানছেৰ গাঁৱৰ কবৰস্থানত থকা এটা নামহীন সমাধি
স্থানীয় ইতিহাসবিদসকলে বখত খানৰ বুলি এপ'ক্ৰিফালভাৱে
দাবী কৰিছে। তেওঁলোকে দাবী কৰে যে, যুদ্ধত পৰাজয়ৰ পাছত তেওঁ এই
অঞ্চললৈ আহিছিল আৰু জীৱনৰ বাকী সময়খিনি শ্বাটৰ আখুন্দৰ সুৰক্ষাত কটাইছিল।•
মুখতাৰ
আহমেদ আনছাৰী
মুখতাৰ
আহমেদ আনছাৰী (২৫ ডিচেম্বৰ ১৮৮০ – ১০ মে' ১৯৩৬)
এজন ভাৰতীয় জাতীয়তাবাদী আৰু ৰাজনৈতিক নেতা। তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় জাতীয়
কংগ্ৰেছ আৰু মুছলিম লীগৰ সভাপতি আছিল। তেওঁ জামিয়া মিলিয়া ইছলামিয়া
বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। ১৯২৮ চনৰ পৰা ১৯৩৬ চনলৈকে তেওঁ ইয়াৰ
চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক
জীৱন আৰু চিকিৎসা কেৰিয়াৰ- ১৮৮০ চনৰ ২৫ ডিচেম্বৰত পূব উত্তৰ প্ৰদেশৰ
ইউছুফপুৰ-মহম্মদাবাদ চহৰত মুখতাৰ আহমেদ আনছাৰীৰ জন্ম হৈছিল। তেওঁ
ইউছুফপুৰৰ আনছাৰী নামেৰে জনাজাত প্ৰভাৱশালী বিখ্যাত কাজী আৰু জমিদাৰৰ পৰিয়ালত
জন্মগ্ৰহণ কৰিছিল।এই পৰিয়ালটো হেৰাটৰ চুফী সন্ত আব্দুল্লা আনছাৰীৰ বংশধৰ আছিল আৰু
১৫২৬ চনত মোগল সম্ৰাট বাবৰৰ সৈতে ভাৰতলৈ প্ৰব্ৰজন কৰি আহিছিল।
ভিক্টোৰিয়া
স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পাছত মুখতাৰ আহমেদ আনছাৰী আৰু তেওঁৰ পৰিয়াল
হায়দৰাবাদলৈ গুচি যায়। আনছাৰীয়ে মাদ্ৰাজ মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ
ডিগ্ৰী লাভ কৰি বৃত্তিলৈ অধ্যয়নৰ বাবে ইংলেণ্ডলৈ যায়। তেওঁ ১৯০৫ চনত এম.ডি আৰু
এম.এছ. ডিগ্ৰী লাভ কৰে। ১৯১০ চনত আনছাৰীয়ে চিফিলিছৰ থিছিছৰ বাবে এডিনবাৰ্গ
বিশ্ববিদ্যালয়ৰ পৰা অস্ত্ৰোপচাৰত স্নাতকোত্তৰ (ChM) ডিগ্ৰী
লাভ কৰে। শীৰ্ষ শ্ৰেণীৰ ছাত্ৰ হিচাপে তেওঁ লণ্ডন লক হাস্পতাল আৰু লণ্ডনৰ চেৰিং
ক্ৰছ হস্পিতালত সেৱা আগবঢ়াইছিল। তেওঁ ভাৰতীয় অস্ত্ৰোপচাৰৰ এজন পথ প্ৰদৰ্শক আছিল আৰু সম্প্ৰতি
তেওঁৰ সেৱাৰ সন্মানত লণ্ডনৰ চেৰিং ক্ৰছ হাস্পতালত আনছাৰী ৱাৰ্ড আছে।
১৯২১
চনৰ পৰা ১৯৩৫ চনলৈকে আনছাৰীয়ে ভিয়েনা, পেৰিছ, লুচাৰ্ণ
আৰু লণ্ডন ভ্ৰমণ কৰি মানুহৰ ওপৰত প্ৰাণীৰ অণ্ডকোষ গ্ৰাফ্ট কৰা(মানুহৰ ওপৰত
প্ৰাণীৰ অণ্ডকোষ গ্ৰাফ্ট কৰা, যাক
অণ্ডকোষৰ কলাৰ জেনোট্ৰান্সপ্লাণ্টেচন বুলিও কোৱা হয়, ইয়াৰ লগত কোনো প্ৰাণীৰ পৰা মানুহৰ গ্ৰাহকলৈ
অণ্ডকোষৰ কলা প্ৰতিস্থাপন কৰাটো জড়িত হৈ থাকে।)ৰ ক্ষেত্ৰত
অগ্ৰগামী ৰবাৰ্ট লিচেনষ্টাৰন, ইউজেন ষ্টেইনাচ আৰু চাৰ্জ ভ’ৰ’নফকে
ধৰি বিখ্যাত ইউৰ’লজিষ্টৰ সৈতে সাক্ষাৎ কৰিছিল। জীৱনৰ শেষৰ দশকত
আনছাৰীয়ে ৭০০ৰো অধিক এনে গ্ৰাফ্টিং অপাৰেচন কৰিছিল, ইয়াৰে
৪৪০টা নিখুঁতভাৱে ৰেকৰ্ড কৰিছিল। এই পৰীক্ষাসমূহৰ পৰা তেওঁ তেওঁৰ ৰিজেনেৰেচন অৱ
মেন নামৰ গ্ৰন্থখন প্ৰকাশ কৰে, যিখন গ্ৰন্থ তেওঁ তেওঁৰ ঘনিষ্ঠ বন্ধু মহাত্মা
গান্ধীৰ সৈতে ভাগ কৰিছিল।
জাতীয়তাবাদী
কাৰ্যকলাপ- ১৮৯৮ চনত মাদ্ৰাজত ছাত্ৰ হৈ থকা অৱস্থাত আনছাৰীয়ে
তেওঁ প্ৰথম সৰ্বভাৰতীয় কংগ্ৰেছ অধিৱেশনত অংশগ্ৰহণ কৰিছিল, য’ত আনন্দ
মোহন বসুৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। ১৯২৭ চনত যেতিয়া মাদ্ৰাজত পুনৰ অধিবেশন
অনুষ্ঠিত হৈছিল, তেতিয়া আনছাৰীয়ে উক্ত অধিবেশনত সভাপতিত্ব
কৰিছিল।
ইংলেণ্ডত
থকা সময়ছোৱাত ড° আনছাৰীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত
জড়িত হৈ পৰিছিল। তেওঁ ইংলেণ্ডৰ পৰা উভতি আহি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগ
দুয়োটা দলতে যোগদান কৰে। ১৯১৬ চনৰ লক্ষ্ণৌ চুক্তিৰ আলোচনাত তেওঁ গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰিছিল আৰু ১৯১৮ আৰু ১৯২০ চনত মুছলিম লীগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ
কৰিছিল। তেওঁ খিলাফত আন্দোলনৰ স্পষ্টবাদী সমৰ্থক আছিল আৰু বল্কান
যুদ্ধৰ সময়ত আহত তুৰ্কী সৈন্যৰ চিকিৎসাৰ বাবে ভাৰতীয় চিকিৎসা অভিযানৰ নেতৃত্ব
দিছিল। ১৯২০ চনৰ মাৰ্চ মাহত তেওঁ খিলাফত প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল আঅৰু তেওঁৰ
নেতৃত্বতে প্ৰিতনিধি দল ইংলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল। এই প্ৰতিনিধি দলে ইংলেণ্ডৰ
কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী লয়ড জৰ্জৰ সৈতে সাক্ষাৎ কৰিছিল।
১৯২৭
চনৰ অধিৱেশনৰ সময়ত আনছাৰীয়ে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি (AICC)ৰ
সাধাৰণ সম্পাদক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে কেইবাটাও কাৰ্যকাল
কাৰ্যনিৰ্বাহ কৰিছিল। ১৯২০ চনত লীগৰ আভ্যন্তৰীণ কন্দল আৰু ৰাজনৈতিক বিভাজনৰ ফলত, আৰু পাছত
মহম্মদ আলী জিন্নাহ আৰু মুছলমান বিচ্ছিন্নতাবাদৰ উত্থানৰ ফলত আনছাৰীয়ে মহাত্মা
গান্ধী আৰু কংগ্ৰেছ দলৰ ওচৰ চাপিছিল। ১৯২৭ চনত মহাত্মা গান্ধীৰ আমন্ত্ৰণত তেওঁ ভাৰতীয়
জাতীয় কংগ্ৰেছৰ সভাপতি হোৱাৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাম-কাজৰ বাবে
সকলো ধন-সম্পত্তি ব্যয় কৰিছিল, যাৰ ফলত তেওঁ প্ৰায় দেউলীয়া হৈ পৰিছিল। তেওঁৰ
পিছৰ জীৱনটো জামিয়া মিলিয়া ইছলামিয়া লিখা আৰু বিকাশৰ কামত অতিবাহিত কৰিছিল।
আনছাৰী
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু
১৯২৭ চনত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক হাকিম আজমল খানৰ মৃত্যুৰ পাছত তেওঁ দিল্লীৰ
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ হিচাপেও কাৰ্যনিৰ্বাহ
কৰিছিল।
ব্যক্তিগত
জীৱন- আনছাৰী এটা প্ৰাসাদোপম গৃহত বাস কৰিছিল, যাক
দাৰুছ চালাম বা শান্তিৰ বাসস্থান বুলি কোৱা হৈছিল। মহাত্মা গান্ধী দিল্লী ভ্ৰমণৰ
সময়ত সঘনাই এই গৃহত অতিথি হৈছিল আৰু গৃহটো কংগ্ৰেছৰ ৰাজনৈতিক কাৰ্যকলাপৰ
নিয়মীয়া সাক্ষী আছিল।
১৯৩৬
চনত মুছুৰীৰ পৰা দিল্লী অভিমুখে ৰে’লযোগে অহাৰ
সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ আনছাৰীৰ মৃত্যু হয়। নতুন দিল্লীৰ জামিয়া মিলিয়া
ইছলামিয়া বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে তেওঁক সমাধিস্থ কৰা হৈছে।
বংশধৰ- ১৯৪৭ চনৰ
বিভাজনৰ পাছতো আনছাৰীৰ পৰিয়ালৰ বহু সদস্য ভাৰতত থাকি গৈছিল। অৱশ্যে, পৰিয়ালৰ
কিছুমান সদস্য পাকিস্তানলৈ গুচি গৈছিল। ভাৰতত থকাসকলে নেহৰু-গান্ধী পৰিয়ালৰ পৃষ্ঠপোষকতা লাভ কৰি বিশিষ্ট
ৰাজনীতিবিদ আৰু কংগ্ৰেছ দলৰ আগশাৰীৰ ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছিল। তেওঁলোকে
উত্তৰ প্ৰদেশৰ ৰাজনীতিত জাতিস্কাৰ হৈ উঠিছিল।
আনছাৰীৰ
ওচৰৰ বংশ আৰু পৰিয়ালৰ সদস্যসকলৰ ভিতৰত আছে:
কন্যা:
জোহৰা আনছাৰী, স্বাধীনতা সংগ্ৰামী
কাজী
ফৰিদুল হক আনছাৰী, ৰাজ্যসভাৰ সাংসদ।
শৌকাতুল্লাহ
শ্বাহ আনছাৰী ওড়িছাৰ প্ৰাক্তন সাংসদ আৰু গৱৰ্ণৰ।
আব্দুল
আজিজ আনছাৰী, স্বাধীনতা সংগ্ৰামী তথা আনছাৰী মেম'ৰিয়েল
ছ'চাইটিৰ
প্ৰতিষ্ঠাপক।
নাতিঃ
আফজল আনছাৰী, এজন প্ৰাক্তন বিধায়ক আৰু সাংসদ।
নাতি
: মুখতাৰ আনছাৰী, উত্তৰ প্ৰদেশৰ গেংষ্টাৰৰ পৰা ৰাজনীতিবিদত পৰিণত।
আনছাৰীৰ
আন আত্মীয়ৰ ভিতৰত আছে:
ভাৰতৰ
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰী, যি
আনছাৰীৰ নাতিৰ ভাতিজা।
সন্মান- পুৰণি
দিল্লীৰ দৰিয়াগঞ্জৰ আনছাৰী ৰোডৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।•
সমাপ্ত




মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন