দিগ্বিজয়ী বাবৰ(ঐতিহাসিক উপন্যাস)

 



      
                     দিগ্বিজয়ী বাবৰ

নিবেদন

বাবৰ ভাৰতবৰ্ষৰ মধ্যযুগীয় ইতিহাসৰ এগৰাকী মহান ও বিখ্যাত চৰিত্র । বাবৰ আছিল 'ধৈর্য, সাহস, ত্যাগৰ মহিমাৰে মহিমামণ্ডিত এক বিস্ময়কৰ বিবল প্ৰতিভাৰ অধিকাৰী। বাবৰৰ জন্ম ১৪৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত। মাথোন এখাৰ বছৰ বয়সতে তেওঁ পিতৃহীন হয়; কিন্তু নিজৰ প্ৰতিভা আৰু অধ্যৱসায়ৰ বলত তেওঁ অলেখ বাধা-বিঘিনি, দুখ-কষ্ট, লাঞ্ছনা-বঞ্চনাৰ সুউচ্চ পর্বত লঙ্ঘি দেশৰ পাছত দেশ জয় কৰি আহি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ইং ১৫২৬ চনৰ ২১ এপ্ৰিলত হোৱা পানীপতৰ যুদ্ধত তেওঁ ইব্রাহীম লোডীক পৰাস্ত কৰি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ পাতনি মেলে আৰু ২৭ এপ্ৰিলত তেওঁ দিল্লীৰ সিংহাসনত আৰোহণ কৰে৷ মাথোন চাৰি বছৰকাল তেওঁ ভাৰতৰ শাসনভাৰ চণ্ডালে। এই চাৰি বছৰতে তেওঁ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক দিশত ভাৰতৰ প্রভূত উন্নতি সাধন কৰিবলৈ সক্ষম হয়। ১৫৩০ চনৰ ২৬ ডিচেম্বৰত বাবৰৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসূৰীসকলে তিনিশ বছৰতকৈও অধিককাল ভাৰতবৰ্ষৰ শাসনভাৰ চণ্ডালে। ল'ৰালিতে বাবৰৰ বিষয়ে প্ৰদৰ্শন কৰা এখন তথ্যচিত্র চাই বাবৰৰ প্ৰতি বিশেষভাবে আকৃষ্ট হৈ পৰিছিলোঁ। তথ্যচিত্ৰখনত বাবৰে পানীপত যুদ্ধত ইব্রাহীম লোডীৰ একলাখ সৈন্যৰ বিৰুদ্ধে মাথোন বাৰ হাজাৰ সৈন্যৰে বিজয় সাক্ত কৰা দৃশ্যৰ লগতে ৰোগশয্যাত শায়িত প্রাণাধিক পুত্র হুমায়ুনক নিজৰ আয়ুস দান কৰা এক বিস্ময়কৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছিল। তথ্যচিত্ৰখন চাই তেতিয়া দৃশ্য দুটাৰ নিগুঢ় ৰহস্য হৃদয়ঙ্গম কৰিব পৰা নাছিলোঁ যদিও এক বিশেষ কৌতূহল আৰু আকৰ্ষণ অনুভৱ কৰি আছিলোঁ। ১৯৯২ চনৰ ৬ ডিচেম্বৰত কৰসেৱক সকলে বাবৰৰ দ্বাৰা অযোধ্যাত নিৰ্মিত বাবৰি মছজিদ ধ্বংস কৰে। উক্ত ঘটনাৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হয়। উক্ত সংঘৰ্ষত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত অলেখ ধন-জনৰ ক্ষতি হয়। সমসামিয়ক পত্র-পত্রিকাসমূহত উক্ত ক্ষয়-ক্ষতিৰ বিষয়ে পঢ়ি মৰ্মাহত হৈ পৰিছিলোঁ । ফলত বাবৰৰ চৰিত্ৰ সম্পর্কে জানিবলৈ অধিক আগ্ৰহী হৈ উঠোঁ আৰু তাৰে ফলশ্রুতিতে দিগ্বিজয়ী বাবৰ নামৰ উপন্যাসখন লিখি উলিয়াও । উপন্যাসখন লিখি উলিৱাওতে ৰাদুগা প্রকাশন, ছোভিয়েত সংঘৰ দ্বাৰা প্ৰকাশিত সুধীৰ কুমাৰ মাথুৰদেৱে হিন্দীত লিখা বাবৰ নামৰ উপন্যাসখনৰ বিশেষভাৱে সহায় লোৱা হৈছে। গতিকে মই উক্ত প্ৰকাশন গোষ্ঠী আৰু লেখকৰ ওচৰত বিশেষভাবে কৃতজ্ঞ। বৰপেটা জিলাৰ সহযোগী জিলা মিছন সমন্বয়ক মাননীয় ছাদুল্লা খান চাহাবে পাণ্ডুলিপিখন পঢ়ি ভুল-ত্রুটিসমূহ আঙুলিয়াই দি দিগ্বিজয়ী বাবৰ শীৰ্ষক এটি টোকা লিখি মোক উৎসাহিত কৰাৰ কাৰণে তেখেতলৈ মোৰ সশ্ৰদ্ধ কৃতজ্ঞতা থাকিল । বন্ধুবৰ ফয়েজুৰ ৰহমানে নানা ধৰণৰ দিহা-পৰামৰ্শ দি উৎসাহিত কৰাৰ কাৰণে আৰু বন্ধুবৰ ইলিমুদ্দিনে বাবৰৰ ফটোখন যুগুতাই দিয়া কাৰণে তেখেতসকললৈ মোৰ ধন্যবাদ থাকিলভাইটি নয়ান খানে যত্ন সহকাৰে বৰ্ণ গ্ৰন্থন কৰি দিয়াৰ কাৰণে তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। ইতিহাসৰ এগৰাকী বিশিষ্ট চৰিত্ৰক উপন্যাসৰ ৰূপ দিয়াটো ধৃষ্টতা যদিও মোৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি সদাশয় পাঠকে সেইখিনি ধৃষ্টতা মার্জনা কৰিব বুলি মোৰ আশা থাকিল। সদাশয় পাঠকে উপন্যাসখনত ৰৈ যোৱা ভুল-ত্রুটিখিনি শুধৰাই আদৰি ল'লে আৰু যৎকিঞ্চিত হ'লেও পাঠকৰ হৃদয়ত ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হ'লে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। 

                                    বিনীত                                                                                                                                                                                                                                                                    আবুল হুছেইন

                                                                                              সাং- যতিগাঁও

                                                                                              ডাকঘৰ : জাহোৰপাম

                                                                                                জিলা বৰপেটা, অসম।

                                                                                                মোবাইল নং-৭০০২১-১২০১২

                       

    সময় দুপৰীয়া । প্ৰখৰ ৰ'দ । সূৰ্যৰ প্ৰচণ্ড তাপৰ ফলত বায়ুৰ গতি স্তব্দপ্ৰায় । থৰ লাগি আছিল ৰৌদ্রস্নাত গছ-বিৰিখৰ পাত। অসহ্য গৰমৰপৰা পৰিত্ৰাণ পাবলৈ পিঠিত ঠোঁট গুজি কলমটিয়াই আছিল চৰাই-চিৰিকতি। চৌদিশে বিৰাজ কৰি আছিল অসহ্যকৰ ক্লান্তিৰ পৰিবেশ

    ৰমজান মাহ৷ মুছলমান সকলৰ ৰোজা (উপবাস ব্রত) পালনৰ মাহ । ৰোজা পালন কৰা মানুহবিলাক অসহ্য গৰমত শ্ৰান্ত-ক্লান্তভোক পিয়াহত কাতৰ। অলসভাবে বিছনাত গা এৰি দি আটায়ে অধীৰ ভাবে বাট চাই আছিল সূর্যাস্তৰ অপেক্ষাত । আন্দিজানৰ কোলাহল মুখৰ ৰাজপ্রাসাদো নীৰৱ-নিস্তব্দ। প্রাসাদৰ বাসিন্দাসকল শ্রান্ত-ক্লান্ত। কোনোবাই গভীৰ টোপনিত লালকাল; কোনোবাই আকৌ অলসভাবে বিছনাত গা এৰা দি সময় কটোৱাত ব্যস্ত।

                                                                                                                                        

            চাহজাদা বাবৰ অলসভাবে বিছনাত পৰি আছিল; কিন্তু তেওঁৰ চকুত টোপনি নাছিল। নৈঃশব্দৰ আলফুল স্পৰ্শই তেওঁৰ অনুভূতিত কবিতাৰ ছন্দ জগাই তুলিছিল। গতিকে তেওঁ কবিতা লিখাৰ কল্পনাত বিভোৰ হৈ পৰিল। হৃদয়ত ছন্দায়িত আৱেগবোৰ কবিতাৰ ভাষাত লিপিবদ্ধ কৰিবলৈ তেওঁ কাগজ-কলম লৈ বহিল; কিন্তু বহুপৰ চেষ্টা কৰিও তেওঁ এটা পংক্তিও লিখিব নোৱাৰিলে। অৱশেষত তেওঁ হতাশ হৈ ফাৰগানা বিদ্ৰোহী সকলৰ বিষয়ে লিখিবলৈ মনোনিবেশ কৰিলে।

    বাবৰ লিখাত গভীৰ ভাবে মগ্ন হৈ আছিল। এনেতে হঠাৎ প্রচণ্ড গতিত ঘোঁৰা এটা দৌৰি আহি প্রাসাদৰ সন্মুখত ৰৈ গ'; কিন্তু বাবৰ লিখাত ইমানেই মগ্ন হৈ আছিল যে, ঘোঁৰাৰ খোজৰ শব্দ মাৰ যোৱাৰ পাছতহে ঘোঁৰা ৰখোৱাৰ শব্দ তেওঁৰ কাণত পৰিল। নৈঃশব্দৰ মাজত হঠাৎ শব্দৰ সঞ্চাৰ হোৱাত তেওঁ কৌতূহলী হৈ উঠিল। তেওঁ নিজৰ মনতে জুকিয়াই চাবলৈ চেষ্টা চলালেকোন আহিব পাৰে এই ভৰ দুপৰীয়া?

    কিন্তু বাবৰে বেছি সময় চিন্তা কৰাৰ সুবিধা নাপালে। হঠাৎ বহু কণ্ঠৰ সমবেত হুলস্থূলীয়া চিঞৰ-বাখৰৰ শব্দ তেওঁৰ কাণত পৰিল৷ চিঞৰ-বাখৰৰ শব্দত অশুভ বাৰ্তাৰ ইংগিত প্ৰচ্ছন্ন হৈ আছিলগতিকে তেওঁ সচকিত ও উৎকণ্ঠিত হৈ উঠিল ৷ কি হ'? কোনে কান্দিছে? কন্দাৰ কাৰণ কি ? এইদৰে বহুকেইটা প্রশ্নই একেলগে তেওঁৰ মনত ভূমুকি মাৰিলে ।

    চিঞৰ-বাখৰৰ শব্দ এহচান দৌলত বেগমৰ কক্ষৰ পৰা ভাহি অহা বুলি বাবৰৰ অনুমান হ'ল।

    চিঞৰ-বাখৰৰ শব্দ লাহে লাহে চৰি গৈ আছিল। বাবৰে কাগজ-কলম পেলাই থৈ এহচান দৌলতৰ কক্ষলৈ লৰি আহিল ।

    কক্ষৰ দুৱাৰ সম্পূৰ্ণৰূপে মেল খাই আছিল। মহিলাসকলৰ মূৰত ওৰণি নাছিল। আটায়ে আউলী-বাঙলী হৈ উভ্ৰান্তৰ দৰে কপাল চপৰিয়াই কান্দি আছিল আৰু মুখেদি শোক প্ৰকাশক শব্দ প্ৰকাশ কৰি আছিল ।

    এহচান দৌলত বেগমৰ হাতত এখন চিঠি। এহচান দৌলত বেগম বাবৰৰ আইতাক। উভ্ৰান্তৰ দৰে তাই চিঠিখন পঢ়ি আছিল। তাইৰ দুচকুত ভৰা পুখুৰীৰ দৰে চকুপানী টলবল কৰি আছিল। চকুপানীৰ কাৰণে তাইৰ চিঠি পঢ়াত অসুবিধাও হৈ আছিল। দুই এক টোপালকৈ চকুপানী চিঠিখনৰ ওপৰতো পৰি আছিলৰুমালেৰে চকুপানী মচি মচি তাই চিঠিখন মনোযোগেৰে পঢ়ি আছিল ।

    চিঠিখনেই যে চিঞৰ-বাখৰৰ কাৰণ সেই কথা উপলব্ধি কৰিবলৈ বাবৰৰ অসুবিধা নহ'ল। চিঠিখনেই নিশ্চয় কোনো অশুভবাৰ্তা বহন কৰি আনিছে যাৰ ফলত এই হুলস্থূলীয়া চিঞৰ-বাখৰ, বাবৰে মনতে ভাবিলে।

    বাবৰ উৎকণ্ঠিত হৈ উঠিল। উদ্বেগ-কাতৰ কণ্ঠত তেওঁ এহচান দৌলত বেগমলৈ উদ্দেশ্য কৰি সুধিলেকি হ'ল নানীজান? চিঠিত কি লিখা আছে? 'ৰপৰা আহিছে চিঠিখন?

    এহচান দৌলত বেগমে মুখেৰে একো নামাতিলে। কম্পিত হাতেৰে তাই অলসভাবে বাবৰলৈ বুলি চিঠিখন আগবঢ়াই দিলে ।

    চিলনীয়ে ছোঁ মাৰি নিয়াৰ দৰে বাবৰে আইতাকৰ হাতৰপৰা চিঠিখন নিজৰ হাতলৈ নিলে ৷

    চিঠিৰ আখৰ দেখিয়ে বাবৰে চিঠিখন তেওঁৰ মাক কুতলুগ নিগাৰ বেগমৰ বুলি চিনিব পাৰিলে৷

                                                                                                                                             উদ্বিগ্নভাবে বাবৰে চিঠিখনৰ ওপৰত চকু ফুৰাবলৈ ধৰিলে। আইতাকৰ চকু পানী পৰি চিঠিৰ কিছু কিছু আখৰ ইতিমধ্যে কিছু অস্পষ্ট হৈ পৰিছিল যদিও চিঠিখন পঢ়িবলৈ তেওঁৰ অসুবিধা নহ'ল ।

    চিঠিখন পঢ়ি বাবৰৰ অন্তৰাত্মা হাহাকাৰ কৰি উঠিল৷ চকু-মুখত ফুটি উঠিল তীব্র ব্যথাৰ অভিব্যক্তি।

    চিঠিখনত লিখা আছিল বাবৰৰ দেউতাক ওমৰ শেখ মিৰ্জাৰ মৰ্মান্তিক মৃত্যু সংবাদপ্ৰতিদিনৰ দৰে চেহেৰী খাই খন্তেক বিশ্রাম লৈ ওমৰ শ্বেখে সূর্যোদয়ৰ লগে লগে গৈ দৰবাৰত উপস্থিত হৈছিল। সভাসদসকল আগৰে পৰাই উৎকণ্ঠিতভাবে তেওঁৰ অপেক্ষাত দৰবাৰ কক্ষত ৰৈ আছিল ।

    দৰবাৰত উপস্থিত হৈ ওমৰ শ্বেখে সভাসদসকললৈ উদ্দেশ্য কৰি উদ্বিগ্ন কণ্ঠত সুধিলে— 'দূত ক'ৰপৰা আহিছে?'

    ইচ্‌ফাৰাৰপৰা জাহাঁপনাউজিৰ এ আজমে বিষণ্ণ কণ্ঠত কলে।

    ইচ্‌ফাৰাৰ সংবাদ কি? ওমৰ শ্বেখৰ কণ্ঠত উদ্বিগ্নতা

    জাহাঁপনা, আমি অভয় বিচাৰিছোঁ উজিৰ এ আজমে বিষণ্ণ হতাশ কণ্ঠত সেমেনা-সেমেনি কৰি অভয় বিচাৰিলে।

    ইয়াৰ অৰ্থ ইচ্‌ফাৰাতো শত্ৰুৰ দখল প্ৰতিষ্ঠা হৈ গৈছে। ওমৰ শেখে শংকিত কণ্ঠত কথাষাৰ কৈ পুনৰ উজিৰ এ আজমলৈ চাই সুধিলেমাৰ্গিলানৰ সংবাদ কি ?

     উজীৰএ আজমে হতাশ কণ্ঠত ক'লেমাৰ্গিলানৰ সংবাদৰ বাবে আমি অপেক্ষা কৰি আছোঁ, জাহাঁপনা ৷ সংবাদবাহক এতিয়ালৈকে আহি পোৱা নাই

    উত্তেজনাত ওমৰ শ্বেখৰ তেজৰ গতি তীব্ৰ হৈ উঠিলতেওঁ নিৰুদ্ধ যন্ত্ৰণা কাতৰ কণ্ঠত ক'লেমাৰ্গিলানতো আমাৰ পৰাজয় হ'ব নেকি? আন্দিজানো তেনেহ'লে সংকটমুক্ত নহয়৷ সংবাদবাহক এতিয়ালৈকে অহা নাই কিয় ?  কোনো বিপদত পৰিছে, নে বন্দী হৈছে? স্বয়ং মার্গিলানবাসীয়ে বিশ্বাসঘাতকতা কৰা নাইতো ?

    জাহাঁপনা, যদি দ্বিতীয় এজন দূত পঠাবলৈ অনুমতি দিয়ে........ উজীৰ এ আজমে নির্বোধ বিষণ্ণ দৃষ্টিত ওমৰ শ্বেখলৈ চাই বাক্যটো আধৰুৱাকৈ এৰি তলমূৰ কৰিলে ৷

    ওমৰ শ্বেখ উত্তেজিত হৈ উঠিল। উত্তেজিত কণ্ঠত ক'লে তেওঁইয়াৰ পাছত সেইজন দূতৰ কাৰণেও অপেক্ষা কৰি থাকিব লাগিব, নহয়নে! আৰু কিমান অপেক্ষা কৰিম? অপেক্ষা কৰি কৰি মোৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে ৷

    ওমৰ শ্বেখক উত্তেজিত হোৱা দেখি উজীৰ এ আজমৰ হৃদয়ত ভয়ৰ সঞ্চাৰ হ'ল। ক্ষমা খোজাৰ ভংগীত তেওঁ কেইখোজমান পিছুৱাই গ'ল।

    ওমৰ শ্বেখৰ উৎকণ্ঠাৰ কাৰণ হ'চমৰকন্দৰ বাদচাহ আহম্মদ চুলতানে আখচী আক্ৰমণৰ কাৰণে কুবাচায় নদীৰ সিপাৰে থকা কুবা পৰ্যন্ত আহি পাইছেহি। গতিকে যিকোনো মুহূৰ্তত আখচীৰ ওপৰত আক্ৰমণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

    ওমৰ শ্বেখে সভাসদ সকললৈ উদ্দেশ্য কৰি ক'লেআখচীৰ ওপৰত আক্ৰমণ হোৱাটো নিশ্চিত। গতিকে আমি আক্ৰমণ প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা লোৱাৰ লগতে কিছু জৰুৰীকালীন ব্যৱস্থা লোৱাও প্রয়োজনদুৰ্গৰ ভিতৰত ছমাহ চলিব পৰাকৈ ৰচদপাতি আৰু খাদ্যসামগ্ৰী মজুত কৰাৰ ব্যৱস্থা কৰা হওঁক। আমাৰ দুৰ্গটো ওখ পাহাৰৰ ওপৰত অৱস্থিত। তাত পানীৰ সু-ব্যৱস্থা নাই। গতিকে তাত পানীৰ সু-ব্যৱস্থা কৰিব লাগিব। এইদৰে কৈ তেওঁ সভাসদসকলৰ ওপৰত দৃষ্টি বুলালে। এচুকত বহি থকা ত্ৰিশ বছৰীয়া কৰ্মঠ যুৱক কাশিম বেগৰ ওপৰত তেওঁ দৃষ্টি নিবদ্ধ কৰি ক'লেকাশিম বেগ...

    কাশিম বেগ স্প্রিংৰ দৰে জাঁপ মাৰি থিয় হৈ অভিবাদন কৰি ক'লে জাহাঁপনা।

                                                                                                                                                                                                           

            ওমৰ শেখে আদেশৰ সুৰত ক'লেতুমি শিলেৰে পানীৰ হাউচ নিৰ্মাণ কৰি ভিত্তিৱালাৰ জৰিয়তে হাউচটো পানীৰে পৰিপূৰ্ণ কৰাৰ ব্যৱস্থা কৰাগৈ। এই দায়িত্ব মই সম্পূর্ণভাবে তোমাৰ ওপৰত ন্যস্ত কৰিলোঁ। এইদৰে কৈয়ে তেওঁ অন্যান্য পাত্র-মিত্ৰৰ ওপৰতো বিভিন্ন কামৰ দায়িত্ব ন্যস্ত কৰিলে

    ওমৰ শ্বেখৰ খঙাল মূৰ্তি দেখি সভাসদসকল সন্ত্রস্ত হৈ উঠিল। বাদচাহৰ হুকুম পালনৰ বাবে আটায়ে তৎক্ষণাৎ দৰবাৰ ত্যাগ কৰি গুচি গ'

    ওমৰ শ্বেখে কেইজনমান দেহৰক্ষী সৈনিক লৈ চিৰ দৰিয়াৰ পাৰত অৱস্থিত পাৰ চৰাইৰ সংগ্ৰহালয়ৰ ফালে ঘোঁৰা চেঁকুৰাই আহিল।

    সংগ্ৰহালয়ৰপৰা পাৰ এটা হাতত লৈ তেওঁ কাঠেৰে নিৰ্মিত জখলা বগাই সংগ্ৰহালয়ৰ ছাদৰ ওপৰলৈ উঠি আহি পাৰটোৰ গায়ে-মূৰে হাত বোলাই স্নেহার্দ্ধ কণ্ঠত ক'লেযোৱা, অতি সোনকালে মাৰ্গিলান আৰু কোকানৰ সংবাদ লৈ উভতি আহাগৈ৷

    এইদৰে কৈয়ে তেওঁ পাৰটো উৰুৱাই দিলে। মুক্তিৰ আনন্দত পাৰটোৱে দুটামান পাক মাৰি মাৰ্গিলান অভিমুখে উৰা মাৰিলে

    পাৰ চৰাইটো উৰুৱাই দিয়াৰ সময়তে ঘটিল ঘটনাটো

    পাৰটো উৰুৱাই দিয়াৰ সময়ত ছাদত সামান্য এটা জোকাৰণিৰ সৃষ্টি হৈছিল। দুর্ভাগ্যবশতঃ সেই জোকাৰণিৰ ফলতেই হঠাৎ ছাদটো মৰমৰ কৰি ভাঙি গ'ল আৰু বাদচাহ ওমৰ শ্বেখ ভঙা ইটা, কাঠৰ টুকুৰাৰ সৈতে তললৈ খহি পৰিল৷

    সংগ্ৰহালয়টো নদীৰ দাঁতিত অৱস্থিত আছিল। ফলত তেওঁ ভঙা ইটা, কাঠৰ টুকুৰাৰ সৈতে নদীৰ পানীত বাগৰি পৰিল৷ পানীৰ কোবাল স্রোতে নিমিষতে তেওঁক নিজৰ বুকুত সুমুৱাই ল'লে৷ ফলত ওমৰ শ্বেখৰ সলিল সমাধি হ'ল। এয়াই আছিল চিঠিৰ মূল বক্তব্য

    পিতাকৰ আকস্মিক মৃত্যু সংবাদত বাবৰে মৰ্মান্তিক আঘাত পালে। যেন তেওঁৰ মূৰত বিনামেঘে বজ্ৰপাতহে হ'বিষাদ-বেদনাত তেওঁৰ মুখমণ্ডল মলিন হৈ পৰিল। পত্রবাহক কাশিম বেগৰ ফালে চাই তেওঁ থৰথৰ কৰি কঁপিবলৈ ধৰিলে৷

    অবিশ্রান্তভাবে ত্রিশক্রোশ ঘোঁৰা চেঁকুৰাই আহি কাশিম বেগ ভাগৰত শ্রান্ত-ক্লান্ত হৈ পৰিছিল। দেৱালৰ আশ্ৰয়লৈ তেওঁ কথমপিহে থিয় দি আছিলভৰিৰপৰা মূৰলৈকে তেওঁৰ সৰ্বশৰীৰ ধূলিৰ সৰোবৰত পৰিণত হৈছিল।

    বাবৰৰ বিষাদ-গম্ভীৰ অৱস্থা অৱলোকন কৰি কাশিম বেগ ব্যাকুল হৈ উঠিল। বাবৰৰ ওচৰলৈ আহি তেওঁ আঁঠু কাঢ়ি বাষ্পৰুদ্ধ কণ্ঠত ক'লেহুজুৰ আলী আহাদ, আল্লাহই আপোনাক শোক সহিবলৈ শক্তি দিয়কএতিয়া আল্লাহই আমাৰ একমাত্র ভসা, একমাত্র সহায়। তিনি দিশৰপৰা শেনচকু মেলি শত্রুসেনা আমাক ধ্বংস কৰিবলৈ আগবাঢ়ি আহি আছে। এই মুহূৰ্তত আসন্ন বিপদৰ মোকাবিলা কৰিবলৈ আন্দিজানত থকা আপোনাৰ বিশ্বস্ত সভাসদ সকলক দুর্গত একত্ৰিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

    এহচান দৌলত বেগমো এই মর্মান্তিক খবৰত উৎকণ্ঠিত ও মর্মাহত হৈ পৰিছিল। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি তাই মুহূৰ্ততে নিজক সংযত কৰি ল'লে। তাই তাইৰ দীৰ্ঘদিনৰ অনুভৱেৰে উপলব্ধি কৰিব পাৰিছিল যে, বর্তমান এক সংকটময় দুঃসময় উপস্থিতকন্দাকটা কৰি সময় নষ্ট কৰাৰ সময় নহয় এয়া

    তাই কাশিম বেগলৈ উদ্দেশ্য কৰি ক'লেউঠক বেগ, আপোনাৰ বিশ্বস্ততাৰ কাৰণে আপোনাক শুভকামনা জনাইছোঁ। আপুনি মির্জা বাবৰকলৈ এই মুহূর্তে দুৰ্গলৈ যাওঁকগৈ। এই সংকটময় পৰিস্থিতিত আপোনালোক ইয়াত ৰৈ থকাটো উচিত নহ'ব। আমি আটায়ে এই প্রাসাদ এৰি দুৰ্গৰ ভিতৰত আশ্ৰয় লোৱাটো বর্তমান পৰিস্থিতিত বুদ্ধিমানৰ কাম হ'

    এহচান দৌলত বেগমৰ পৰামৰ্শ মৰ্মে কাশিম বেগে বাবৰক লৈ দুৰ্গলৈ যোৱাৰ বাবে প্ৰস্তুতি চলালে। কিন্তু কাশিম বেগ প্ৰস্তুত হৈ উঠাৰ আগতেই বাবৰে কাকো একো নজনোৱাকৈ কোঠালিৰপৰা ওলাই আহিল ।

    বাহিৰলৈ ওলায়ে তেওঁ আস্তাবললৈ আহি ঘোঁৰা এটা উলিয়াই জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি বহিল। ঘোঁৰাৰ পিঠিত বহি তেওঁ ক্লান্ত নির্বোধ দৃষ্টি প্ৰসাৰিত কৰি চৌদিশ নিৰীক্ষণ কৰিবলৈ ধৰিলে

    ফল-ফুল ভৰা গছ, ইটা আৰু শিলেৰে নিৰ্মিত পানীৰ কুণ্ড (টেংক) দেখি তেওঁ মৰ্মাহত হৈ পৰিল

    এইবোৰ তেওঁৰ আব্বাজান ওমৰ শ্বেখৰ দ্বাৰা নিৰ্মাণ কৰোৱা হৈছিল; কিন্তু তেওঁ পুনৰ কোনোদিন এইবোৰৰ ওচৰলৈ নাহিব

    নাচপতি গছজোপাৰ ওপৰত তেওঁৰ চকু পৰিল গছজোপা ওমৰ শেখে নিজহাতে ৰোপণ কৰিছিলগছজোপাত ফুল-ফল লাগিছে। ফলৰ ভৰত গছজোপা দো খাই পৰিছে। কিছুদিনৰ ভিতৰতে ফলবোৰ পকিব; কিন্তু গছজোপা ৰোপণ কৰা মানুহজন ইহ সংসাৰত নাইপুনৰ কোনোদিনে তেওঁ ফলবোৰৰ সোৱাদ ল'ব নোৱাৰিব। কথাষাৰ ভাবোঁতেই এক প্ৰচণ্ড শোকে বাবৰৰ হৃদয়ত খুন্দামাৰি ধৰিলে। পাচমুহূৰ্ততে তেওঁৰ বুকুৰ বেদনাবোৰ দীৰ্ঘ নিশ্বাসহৈ ওলাই আহিলকোনোমতে তেওঁ নিজক সংযত কৰি শোকার্ত হৃদয়েৰে ঘোঁৰা ঢেঁকুৰালে

    বাবৰ আহি পকী ৰাস্তাত উঠিলঘোঁৰাৰ খুৰাৰ চাপত পকী ৰাস্তাত প্ৰাণৰ সঞ্চাৰ হ'ল। খট্‌ খটালপ্‌ ধ্বনিৰে ৰাস্তাটো মুখৰ হৈ উঠিল

    বাবৰৰ মানসপটত পুনৰ দেউতাকৰ স্মৃতি উদ্ভাসিত হৈ উঠিল। এই ৰাস্তাৰে দেউতাকে কিমান দিন ঘোঁৰা ঢেঁকুৰাই গৈছে। খট খটালপ্‌ শব্দ তৰংগই তেতিয়াও ৰাস্তাটো এইদৰেই ৰজনজনাই গৈছিল; কিন্তু কোনোদিন তেওঁ এইটো ৰাস্তাত পুনৰ ঘোঁৰা চেঁকুৰাবলৈ নাহিব। বিষাদ-বেদনাত বাবৰৰ চকুযোৰ চলচলীয়া হৈ উঠিল এইবোৰ কথা ভাবি। চকুপানী মচি মচি তেওঁ দুৰ্গৰফালে আগবাঢ়িবলৈ ধৰিলে।

    বাবৰ দুৰ্গৰ মুখ্যদ্বাৰ পোৱাৰ আগতেই পাঁচজন অশ্বাৰোহী সৈনিক তেওঁৰফালে আগুৱাই অহা তেওঁ প্ৰত্যক্ষ কৰিলে

    দলৰ আগে আগে আহি আছিল সৰু চকু আৰু মংগোলীয় গঢ়ৰ শ্বেৰিম তাগায়।

    শ্বেৰিম তাগায় বাবৰৰ ওচৰলৈ আহি বাবৰৰ চকুত চকুপানী দেখি উৎকণ্ঠিত ভাবে ঘোঁৰাৰ লেকাম টানি ধৰিলে। ঘোঁৰা ৰৈ যোৱাৰ লগে লগে সি ঘোঁৰাৰ পিঠিৰপৰা জাঁপ মাৰি নামিলতাৰ চকুত চকুপানী নাছিল যদিও এক প্রচ্ছন্ন বেদনা প্ৰকট হৈ আছিল তাৰ মুখমণ্ডলত৷

    শ্বেৰিম তাগায় দীর্ঘ নিশ্বাস এৰি বেদনার্ত কণ্ঠত ক'লেআমি যে আমাৰ নিৰাপদ আশ্ৰয়ৰপৰা এতিম হৈ গ'লো এই কথা বিশ্বাস কৰিবলৈকো টান পাইছোঁ, চাহজাদা। উঃ কেনে নির্দয় এই পৃথিবীখন!

            কাশিম বেগ ইতিমধ্যে আহি সেইখিনি পাইছিলহি। শ্বেৰিম তাগায়ৰ কথা শুনি তেওঁ বিস্মিত কণ্ঠত সুধিলেআপুনি এই দুঃসংবাদটো ক'ৰপৰা শুনিলে? ম‍ই জনামতে মোৰ আগতে কোনেও এই দুঃসংবাদটো লৈ অহা নাই

    আচলতে কাশিম বেগৰ ধাৰণা সঁচা নহয়তেওঁ অহাৰ আগতেই ফাতিমা চুলতানাৰ নিৰ্দেশত আহম্মদ তনৱাল নামৰ বেগ এজন সংবাদটোলৈ আন্দিজান আহি পাইছেহি ।

    বাদচাহ ওমৰ শ্বেখৰ তিনিজনী বেগম। কুতলুগ নিগাৰ বেগম, ফাতিমা চুলতানা আৰু কাৰাকোজ বেগম।

    কুতলুগ নিগাৰ বেগমৰ দুই সন্তান। খানজাদা বেগম আৰু মির্জা জহিৰুদ্দিন বাবৰ। ফাতিমা চুলতানাৰ একমাত্ৰ পুতেক মির্জা জাহাংগীৰকাৰাকোজ বেগমৰ কোনো সন্তান-সন্ততি হোৱা নাছিল। তিনিওজনী বেগম ওমৰ শ্বেখৰ মৃত্যুৰ সময়ত আখচীত ওমৰ শ্বেখৰ লগত আছিল

    মির্জা বাবৰ বয়সত জাহাংগীৰতকৈ ডাঙৰ। সেই হিচাপে বাবৰেই আছিল সিংহাসনৰ ন্যায্য উত্তৰাধিকাৰী; কিন্তু ফাতিমা চুলতানাই মনে-প্রাণে মির্জা জাহাংগীৰ বাদচাহ হোৱাটো কামনা কৰিছিল । গতিকে তাই ওমৰ শেখৰ মৃত্যু সংবাদ পোৱাৰ লগে লগে জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ বাবে সক্ৰিয় হৈ উঠে আৰু অভীষ্ট সিদ্ধিৰ বাবে আহম্মদ তনৱালৰ লগত ষড়যন্ত্ৰত লিপ্ত হৈ পৰে।

    আহম্মদ তনৱাল এজন নিষ্ঠুৰ আৰু লোভী প্ৰকৃতিৰ লোক বুলি সকলোৰে ওচৰত পৰিচিত আছিলগতিকে তাৰ দক্ষতা থকা স্বত্বেও ওম শেখে তাক দ্বিতীয় শ্ৰেণীৰ বেগৰ মৰ্যদাহে দিছিল। ফলত আহম্মদ তনৱাল পেটে পেটে বাদচাহ ওমৰ শ্বেখৰ ওপৰত অসন্তুষ্ট আছিলফাতিমা চুলতানাই তনৱালৰ এই অসন্তুষ্টিৰ বিষয়ে জ্ঞাত আছিল। গতিকে তাই অভীষ্ট সিদ্ধিৰ বাবে তনৱালৰ সহায় লোৱাৰ কথা ভাবিলে আৰু তনৱালক মাতি আনি কথাটো বুজাই ক'লে। তাই লগতে ইয়াকো ক'লে যে, সি যদি বাবৰৰ পৰিবৰ্তে মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব পাৰে তাক উপযুক্ত পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'

    তনৱালে ভাবিলে, উপযুক্ত পুৰস্কাৰৰ অৰ্থ হ', সি তাৰ কাৰ্যত সফল হব পাৰিলে সি উজীৰ এ আজমৰ পদ পোৱাটো নিশ্চিত। নাবালক বাদচাহৰ উজীৰ এ আজম হোৱা মানে প্রায় বাদচাহ হোৱাৰ লেখীয়া কথা। গতিকে সি ফাতিমা চুলতানাৰ পৰামৰ্শ মতে মাথোন এজন সৈনিক লগত লৈ কাকো নজনোৱাকৈ আখচীৰপৰা আন্দিজানলৈ ৰাওনা হৈ আহি কাশিম বেগৰ আগতেই আহি আন্দিজান পাইছেহি।

    ইয়াকুব বেগ আন্দিজানৰ বেগসকলৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱশালী আৰু লোভী। বুদ্ধিত বৃহস্পতি আৰু কূটনীতিতো সিদ্ধহস্ত । গতিকে আহম্মদ তনৱালে মির্জা বাবৰক সিংহাসনৰপৰা বঞ্চিত কৰি মিৰ্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ ইয়াকুব বেগৰ সহায় লোৱাৰ কথা ভাবিলে আৰু ভবামতেই সি ইয়াকুব বেগৰ প্রাসাদত আহি উপস্থিত হ'ল। তনৱালে ইয়াকুব বেগৰ ওচৰত সকলো কথা ভাঙি-পাতি কৈ তাৰ সহায় বিচাৰিলে ৷

    ইয়াকুব বেগে সকলো কথা শুনি সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ কথা ভাবিলে ৷ সি ভাবিলে, বাবৰক কেনেবাকৈ আন্দিজানৰপৰা খেদি পঠিয়াব পাৰিলেই অতি সহজে জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব পৰা যাবগতিকে আন্দিজানৰপৰা বাবৰক খেদি পঠিওৱাৰ বাবে এটা কৌশল প্ৰয়োগ কৰাৰ কথা ভাবিলে সি। কৌশলটো সফল কৰাৰ কাৰণে সি শ্বেৰিম তাগায়ক চালৰ গুটি হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লে৷

            শ্বেৰিম তাগায় বাবৰৰ মোমায়েক। সি তাৎক্ষণিক ভাবে ভয় খোৱা বিধৰ মানুহ। তাৰ এই দুৰ্বলতাৰ বিষয়ে আটায়ে ভালদৰে অৱগত আছিল। ইয়াকুব বেগেও জানিছিল কথাটোগতিকে সি শ্বেৰিম তাগায়ক মাতি আনি ওমৰ শ্বেখৰ মৃত্যু সংবাদ দি কলে যে, আন্দিজানৰ বেগসকলে বাবৰক আ্ন্দিজানৰ পৰা খেদি পঠিয়াই মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে। ফলত বাবৰ দুৰ্গলৈ আহিলে তেওঁৰ জীৱনলৈও সংশয়ে দেখা দিব পাৰে

    ইয়াকুব বেগে ভবামতেই খবৰটো শুনি শ্বেৰিম তাগায় উদ্বিগ্ন হৈ উঠিল আৰু ভাগিনক আসন্ন সংকটৰপৰা মুক্ত কৰিবলৈ লৰি আহিল ।

    শ্বেৰিম তাগায়ো ওমৰ শ্বেখৰ দৰবাৰত উচ্চপদ পোৱা নাছিল। গতিকে বাবৰক আসন্ন বিপদৰপৰা ৰক্ষা কৰিব পাৰিলে সি বাবৰৰ দৰবাৰত উচ্চপদ পোৱাটো নিশ্চিত বুলি ভাবি সি নিজৰ মহত্ব প্রকাশ কৰি বাবৰৰ প্রিয়ভাজন হোৱাৰ কথা ভাবিলে। ভবামতেই সি ইয়াকুব বেগৰ পৰা শুনা কথাষাৰ নিজৰ প্ৰতিপত্তি আৰু মহত্ব প্রকাশৰ বাবে এক কল্পিত কাহিনীৰ আশ্ৰয় লৈ প্ৰকাশ কৰাৰ কথা ভাবি ক'লেআল্লাহৰ মৰ্জি কোনে বুজিব পাৰে!এক অভিনৱ উপায়ত মই খবৰটো পাই গ'লো৷ শ্বেৰিম তাগায় কৈ গ'ল তাৰ ৰহস্যময় কল্পিত কাহিনীৰাতিপুৱা মোৰ পাৰ চৰাই এটা উৰোঁতে উৰোঁতে হঠাৎ অদৃশ্য হৈ পৰিলকিছু সময় পাছত উৰি যোৱা পাৰটো আহি মোৰ হাতত বহিল। দেখিলোঁ পাৰটোৰ ভৰিত এটুকুৰা কাকত বন্ধা। বিস্ময়াভিভূত হৈ ম‍ই পাৰটোৰ ভৰিৰ পৰা কাকত টুকুৰা খুলি পঢ়ি চালোঁ ৷ কাকত টুকুৰাত লিখা কথাবোৰ পঢ়ি মই হতচকিত ও স্তম্ভিত হৈ পৰিলোঁ কাকত টুকুৰাত লিখা আছিল এক অতি মৰ্মান্তিক আৰু আফচোচ্‌জনক বাতৰি । বাদচাহৰ মৰ্মান্তিক মৃত্যু সংবাদ। কোনে লিখিছে নাজানো; হয়তো কোনো স্বৰ্গীয় ফিৰিস্তাৰে কাম হ'ব সেইয়া ৷ শ্বেৰিম তাগায় খন্তেক ৰৈ বাবৰৰ প্ৰতিক্ৰিয়া জানিবলৈ সন্ধানী দৃষ্টিৰে বাবৰৰ মুখলৈ চালে। কিন্তু বাবৰৰ ভাৱলেশ শূন্য নিৰ্বিকাৰ মুখমণ্ডল অৱলোকন কৰি সি নিৰাশ হৈ উঠিল। পিছ মুহূৰ্ততে সি নিজক চম্ভালি বাবৰৰ কান্ধত হাত থৈ কাণৰ ওচৰলৈ মুখ আনি ইয়াকুব বেগৰ পৰা শুনা কথাখিনিকে পুনৰ ৰহস্যময়ভাবে ব্যক্ত কৰিলেচাহজাদা, দুৰ্গৰ ভিতৰলৈ নাযাব। তাত আপোনাৰ কাৰণে বিপদ ৰৈ আছে। আপোনাক সিংহাসনৰপৰা বঞ্চিত কৰাৰ বাবে বেগ সকলে ষড়যন্ত্ৰত লিপ্ত হৈ পৰিছে। গতিকে দুৰ্গলৈ গ'লে আপোনাৰ জীৱন বিপন্ন হ'ব পাৰে।

    কথাষাৰ কাশিম বেগেও শুনিলে। তেওঁ কিছু পৰিমাণে শংকিতও হল কথাষাৰ শুনি। কিন্তু পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ বাবৰক অভয় দিয়াৰ কাৰণে ক'লেচাহজাদা, দুৰ্যোগ অহাৰ আগতেই আমি কাছৰ দৰে হাত ভৰি গোটাই বহি থকাটো কাপৰুষালিহে হ'ব। আমি যিমানদূৰ সম্ভৱ সোনকালে বেগ (সেনা নায়ক) সকলক একত্রিত কৰাৰ ব্যৱস্থা লোৱাহে উচিত হ'ব এই মুহূৰ্তত।

    শ্বেৰিম তাগায় ঘোঁৰাৰপৰা নামি বাবৰৰ লগত কথা পাতি আছিল; কিন্তু মাটিত থিয় দি কাশিম বেগৰ লগত কথা পতা উচিত নহ'ব বুলি ভাবি সি জাপমাৰি ঘোঁৰাৰ পিঠিত উঠি কাশিম বেগলৈ উদ্দেশ্য কৰি দৃঢ় কণ্ঠত ক'লে বেগ চাহাব, দুৰ্গৰ ভিতৰ চ'ৰাত কি হৈ আছে আপুনি ইয়াৰপৰা একো গম নাপাব। মইহে জানো দুৰ্গৰ ভিতৰ চ'ৰাৰ কথা । এইদৰে কৈয়ে সি বাবৰলৈ উদ্দেশ্য কৰি ক'লেচাহজাদা, আপুনি বেগ চাহাবৰ কথাত কাণ নিদিৰ । আমাৰ কাৰণে আৰু দুঃসংবাদ আছে। আপোনাৰ বিশ্বাসী সেনানায়ক সকলে খোেজন্দ আৰু মাৰ্গিলানো শত্ৰুৰ হাতত ন্যস্ত কৰিছে।

    মাৰ্গিলানো? অস্বস্তিকৰ ব্যথাৰ অনুভূতিয়ে বাবৰৰ মুখমণ্ডল আছন্ন কৰি পেলালে। তেওঁ চিঞৰি উঠিয়ে কঁপা কঁপা মাতেৰে হতাশ কণ্ঠত সুধিলে- কেতিয়া ?

    বাবৰৰ উৎকণ্ঠা দেখি শ্বেৰিম তাগায় উৎসাহিত হৈ উঠিল। ক'লে সিএইমাত্ৰ খবৰ আহিছে, কাকতি ফৰিঙৰ দৰে শত্ৰুসেনাই দেশ ছানি পেলাইছে। কুবাৰফালেও শত্রুসেনা আগবাঢ়ি আহি আছে । কুবাৰ পাছতে সিহঁতৰ লক্ষ্য হব আন্দিজান। শ্বেৰিম তাগায় খন্তেক ৰৈ কাশিম বেগলৈ উদ্দেশ্য কৰি তিৰস্কাৰৰ সুৰত ক'লেআপুনি আন্দিজানৰ লগতে চাহজাদাকো শত্ৰুৰ হাতত গতাই দিব খুজিছে নেকি? ম‍ই জীয়াই থাকোঁতে এই কাম সম্ভৱ নহ', এই কথা আপুনি নিশ্চিত ভাবে জানি থওঁক ।

    শ্বেৰিম তাগায়ৰ কথাৰ সুৰ আৰু ভংগীত কাশিম বেগৰ মুখমণ্ডলত সন্দেহৰ কলা ছাঁ পৰিল । তেওঁচোন এইবোৰ কোনো কথাই এতিয়ালৈকে অৱগত নহয় । শ্বেৰিম তাগায় কোৱা কথাবোৰ প্ৰকৃততে সঁচা, নে বাবৰক আতংকিত কৰিবলৈ মনে সজা উৰা বাতৰি প্ৰচাৰ কৰি আছে!

    সন্দেহমুক্ত হ'বলৈ তেওঁ শ্বেৰিম তাগায়লৈ উদ্দেশ্য কৰি সুধিলেআপুনি এইবোৰ খবৰ ক'ৰ পৰা পালে ?

    কাশিম বেগৰ হৃদয়তো উৎকণ্ঠা সঞ্চাৰিত হোৱা দেখি শ্বেৰিম তাগায় দুগুণে উৎসাহিত হৈ উঠিল। কিন্তু কাশিম বেগৰ প্ৰশ্নৰ উত্তৰ দিয়াটো উচিত নহ'ব বুলি ভাবি সি মাথোন অৱজ্ঞাৰ দৃষ্টিত কাশিম বেগলৈ ভ্ৰযোৰ কোঁচাই চাই বাবৰৰ ওচৰলৈ আহি ঘোঁৰাৰ লেকাম টানি ধৰি ক'লেমই আপোনাৰ মোমায়েক, চাহজাদা৷ আপোনাৰ ক্ষতি মানে মোৰো ক্ষতিআপোনাক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে আপুনি মোক অনুমতি দিয়ক, চাহজাদা ।

    শ্বেৰিম তাগায় কি কৰিব খুজিছে এই বিষয়ে বাবৰৰ একো বোধগম্য নহ'তথাপি দুৰ্যোগৰ সময়ত শোকাকুল হৃদয়লৈ দুৰ্গৰ অন্ধকাৰত সোমাই থকাতকৈ বাহিৰৰ মুকলি প্ৰান্তৰত থকাটোৱে শ্রেয়ঃ বুলি তেওঁ উপলব্ধি কৰিলে। সেয়ে তেওঁ শ্বেৰিম তাগায়ৰ কথাৰ বিৰোধিতা নকৰি নিৰ্বিকাৰভাৱে ক'লেবাৰু, দুৰ্গৰ বাহিৰত থাকিয়ে ম‍ই সেনা নায়কসকলৰ বিশ্বস্ততাৰ বিষয়ে বুজ ল'ম। ব'লক, আপুনি মোক ক'লৈ লৈ যাব খুজিছে ব'লক।

    কাশিম বেগে বাবৰৰ সিদ্ধান্তত আপত্তি কৰি ক'লেচাহজাদা, আপোনাৰ মাকে কিন্তু আপোনাক বেলেগ কিবাহে কৰিবলৈ কৈ পঠাইছে।

    শ্বেৰিম তাগায় বিৰক্ত হৈ উঠিল। সি জ্বলন্ত দৃষ্টিত কাশিম বেগৰ ফালে চাই তিৰস্কাৰ কৰি ক'লেকুতলুগ নিগাৰ বেগম সৈন্যাধ্যক্ষ নহয় বেগ চাহাব। এই দুৰ্যোগৰ সময়ত এজনী তিৰোতা মানুহৰ কথা শুনি চাহজাদাক শত্ৰুৰ হাতত তুলি দিব খুজিছে নেকি? ম‍ই জীয়াই থাকোঁতে এইয়া সম্ভৱ নহ'ব। এইদৰে কৈয়ে শ্বেৰিম তাগায় আঁকোৰগোজভাবে বাবৰৰ ঘোঁৰাৰ লেকাম টানি ধৰিলে

    কাশিম বেগো কম আঁকোৰগোজ নহয়। বাবৰৰ ওচৰলৈ আহি তেওঁ বাবৰৰ কান্ধত হাত থৈ কলেআপোনাৰ মাকে বাদচাহৰ অন্ত্যেষ্টিক্রিয়া সমাপন কৰিয়ে আন্দিজান অভিমুখে ৰাওনা হ'ব। কাইলৈয়ে আহি পাবহি হয়তো! আপোনাৰ নানীজানেও আপুনি বর্তমান দুৰ্গত থকাটোহে বিচাৰিছে। আপুনি দুৰ্গত নাথাকি বেলেগ ক'ৰবাত থাকিলে প্ৰয়োজনৰ সময়ত আপোনাক কলৈ বিচাৰি যাব?

    বাবৰ সচকিত হৈ উঠিল৷ তেওঁ শ্বেৰিম তাগায়ক উদ্দেশ্য কৰি সুধিলেতেনেহ'লে আপুনি এতিয়া মোক ক'লৈ লৈ যোৱাৰ কথা ভাবিছে?

    শ্বেৰিম তাগায় বাবৰৰ কাণৰ ওচৰলৈ মুখ আনি ফুচফুচাই ক'লেএতিয়া আমি আলতাউলৈকে যাম । আলতাউৰপৰা উশ্ব আৰু উশ্বৰপৰা উজগন্তলৈ যামগৈ।

    কাশিম বেগৰ ওচৰত বাবৰৰ এই ৰাস্তাৰ কথা গোপন কৰাৰ ইচ্ছা নাছিলসেয়ে তেওঁ কাশিম বেগক উদ্দেশ্য কৰি ক'লেআমি উশ্বৰ ৰাস্তাত ক'ৰবাত মিলিত হমহি। আপুনি আম্মাজানক এই কথা জনাই দিবগৈ।

    মই প্ৰথমে দুৰ্গলৈ গৈ সেনানায়ক সকলৰ লগত আলোচনাত মিলিত হ'ম। তাৰ পাছতহে বেলেগ কথা চিন্তা কৰিম। কাশিম বেগে নিজৰ মনোভাৱ ব্যক্ত কৰিলে।

    বাবৰে কাশিম বেগলৈ পৰামৰ্শ আগবঢ়ালেআপুনি এই বিষয়ে প্রথমে ওস্তাদ খাজা আবদুল্যাহৰ লগত আলোচনা কৰা বেছি সমীচিন হ'ব। তেওঁৰ লগত আলোচনা কৰি তেওঁৰ পৰামৰ্শমতেহে আপুনি কাৰ্যপন্থা অৱলম্বন কৰিব

    বাবৰে কাশিম বেগক এইদৰে উপদেশ দিয়ে পঞ্চাছজন অশ্বাৰোহী সৈনিকলৈ শ্বেৰিম তাগায়ৰ সৈতে উশ্বৰফালে ৰাওনা হৈ গ'ল ৷

    'যথা আজ্ঞা' বুলি কাশিম বেগে দুৰ্গৰ মুখ্য দুৱাৰৰফালে ঘোঁৰা চেঁকুৰালে

                                                             •  •  •

 

 

                                                                                                                                          

            ইয়াকুব বেগৰপৰা বাদচাহ ওমৰ শেখৰ মৃত্যুৰ বাতৰি শুনি শ্বেৰিম তাগায় দুৰ্গৰ বাহিৰলৈ ওলাই অহাৰ পাছত ইয়াকুব বেগে তাৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ স্বাস্থ্যৱান সুগঠিত চিপাহী এজন নিয়োগ কৰিছিল। চিপাহীজনে মুখ্য দুৰ্গদ্বাৰৰ শিখৰত অৱস্থানলৈ শ্বেৰিম তাগায়ৰ প্ৰতিটো গতিবিধিৰ ওপৰত অতি গুৰুত্ব সহকাৰে চকু ৰাখি আছিলশ্বেৰিম তাগায় বাবৰৰ লগত মিলিত হোৱাৰপৰা বাবৰক লৈ দুৰ্গৰ বাহিৰৰপৰা গুচি যোৱালৈকে সি প্ৰতিটো গতিবিধি নিৰীক্ষণ কৰি আছিল

            বাবৰ শ্বেৰিম তাগায়ৰ লগত গুচি যোৱাৰ পাছত কাশিম বেগ দুৰ্গৰফালে আগবাঢ়ি অহা দেখি চিপাহীজনে দ্রুত দুৰ্গ শিখৰৰপৰা নামি ইয়াকুব বেগক খবৰটো দিয়াৰ বাবে লৰি আহিল

            ইয়াকুব বেগ আৰু আহম্মদ তনৱাল উৎকণ্ঠিতভাবে চিপাহীজনৰ বাবে অপেক্ষা কৰি আছিল। সিহঁতৰ চকু-মুখত বিৰাজ কৰি আছিল উৎকণ্ঠা আৰু দৃষ্টিত প্ৰচ্ছন্ন হৈ আছিল হিংস্র কূটিল উদ্বেগ কাতৰতা। আসন্ন পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সাপৰ দৰে একাবেঁকা বাটত বৈ আছিল সিহঁতৰ চিন্তাৰ স্রোত

            আহম্মদ তনৱালৰ হাতত বনৰীয়া পাতেৰে নিৰ্মিত এটা কিমীজ’(ঘোঁৰাৰ গাখীৰৰ চৰবত)ৰ পিয়লা। তেওঁ পিয়লাৰপৰা এচুমুক কিমীজ খাই বাওঁহাতৰ পিঠিৰে মুখখন মচি ক'লেআজিৰ ৰোজা ভংগৰ বাবে আল্লাহই মোক ক্ষমা কৰক। একে লেথাৰিয়ে ত্ৰিশ ক্রোশ (তিনি মাইলত একক্রোশ)ঘোঁৰা চেঁকুৰাই আহি অণ্ঠ-কণ্ঠ শুকাই একেবাৰে চৰ্চৰীয়া হৈ উঠিছিল৷ কোনোমতেহে মই ঘোঁৰাৰ পিঠিত বহি আহিব পাৰিছোঁ৷

            ইয়াকুব বেগ ওচৰতে বহি তনৱালৰ আলেখ-লেখ নিৰীক্ষণ কৰি আছিল৷ তেওঁ নিৰ্লজ্জৰ দৰে হাঁহি মাৰি ক'লেআপোনাৰ আজিৰ ৰোজা ভংগৰ গোনাহ’ (পাপ)আল্লাহই নিশ্চয় ক্ষমা কৰিব। আল্লাহ ক্ষমাশীল। আপুনি আজি এটা মহৎ কামৰ বোজা বহন কৰি আহিছে।আপোনাৰ সৌভাগ্যই যদি আপোনাক প্ৰতাৰণা নকৰে আৰু মির্জা জাহাংগীৰক যদি সিংহাসনত প্ৰতিষ্ঠা কৰিব পাৰে, তেনেহ'লে আপুনিয়ে হব তেওঁৰ আটাইতকৈ বিশ্বাসভাজন ব্যক্তি। ভাগ্যপ্রসন্ন হ'লে উজীৰ-এ আজমো হৈ যাব পাৰে!

            আহম্মদ তনৱালে নিজেও তাৰ এই ভৱিষ্যতৰ কথা কল্পনা কৰি আনন্দত বিভোৰ হৈ আছিল। তেওঁ অৰ্থপূৰ্ণ হাঁহি মাৰি ক'লেএই কাৰ্যত সফল হ'বলৈ হ'লে আপোনাৰ দৰে মহৎ ব্যক্তিৰ সহযোগিতা খুবেই প্রয়োজন হ'

    ইয়াকুব বেগে নিজেও এই কথা জানেকিন্তু তাৰ এটাই মাথোন দুশ্চিন্তা,  সি যে তনৱালক এই সংকটময় মুহূৰ্তত সহায় কৰি আছে উজীৰে আজম হৈ তনৱালে এই কথা পাহৰি নাযায়তো! সেয়ে সি মুখেৰে একো নকৈ মাথোন অর্থপূর্ণভাবে মিচিকিয়াই হাঁহি মাৰিলে

            ইয়াকুব বেগৰ সন্মুখৰ দাঁত দুটা ভঙা। সেয়ে মনৰ দুশ্চিন্তা ভঙা দাঁতৰ ফাঁকেৰে সৰকি আহি হাঁহিক হাস্যম্পদ কৰি তুলিলে

            ইয়াকুব বেগৰ এই মনোভাৱৰ কথা তনৱালৰ চকুতো ধৰা পৰিল। সেয়ে সি সজাগ হৈ উঠিল। সি ইয়াকুব বেগক আশ্বস্ত কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ ভংগীত ক'লেবেগ চাহাব, আপুনি আৰু ম‍ই দুয়ো মোগলএতিয়া ফাৰগানাত বলচ’ (তুর্কী ভাষী এটা গোষ্ঠী) সকলৰ ৰাজত্ব প্রতিষ্ঠা কৰাৰ সময় সমাগত। এতিয়া মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে আমাৰ পাল পৰিছে। মোগলসকলৰ ভিতৰত আপোনাকহে মই আটাইতকৈ বেছি সন্মান দিও। আল্লাহৰ কৃপাত যদি মই উজীৰ এ আজম হ'ব পাৰোঁ, আপুনিয়ে হ'ব মোৰ ওস্তাদ আৰু একমাত্ৰ বন্ধু

            ইয়াকুব বেগে আত্মসন্তুষ্টিত নিজৰ দাঢ়িত হাত বুলাই ক'লে—  আল্লাহই যেন ইয়াকে কৰে৷

            আহম্মদ তনৱাল আৰু ইয়াকুব বেগ এইদৰে মিঠা সপোনত বিভোৰ হৈ থাকোঁতেই চিপাহীজন আহি দুৱাৰ মুখত থিয় হৈ অভিবাদন জনাই ক'লে— “মিঠাই খুৱাওক হুজুৰ, চাহজাদা বাবৰ দুৰ্গৰ ভিতৰলৈ নাহি উভতি গৈছে।'শ্বেৰিম তাগায়ৰ লগত নেকি? তনৱালে উৎকণ্ঠিতভাবে সুধিলেচিপাহীজনে সন্মতিসূচক মূৰ দুপিয়াই ক'লেহয় হুজুৰ৷

            আহম্মদ তনৱালৰ বাবে খবৰটো নিশ্চিতভাবে এটা সুসংবাদ আছিল।আনন্দৰ আতিশয্যত উল্লসিত হৈ সি জঁপিয়াই উঠিলইয়া আল্লাহ, হাজাৰ হাজাৰ শুৰিয়া । এইদৰে কৈয়ে সি আচকানৰ জেপৰপৰা সোণৰ মুদ্ৰা এটা উলিয়াই মজিয়ালৈ দলিয়াই দি চিপাহীজনক উদ্দেশ্য কৰি ক'লেলোৱা, তোমাৰ সুসংবাদৰ পুৰস্কাৰ।

            চিপাহীজনে মজিয়াৰপৰা মুদ্ৰাটো বুটলি লৈ জেপত ভৰাই অভিবাদন জনালে

            তনৱালে চিপাহীজনলৈ উদ্দেশ্য কৰি পুনৰ ক'লেযোৱা, ইয়াৰ পাছৰ গতি-বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখাগৈ

             ‘যথা আজ্ঞা' বুলি চিপাহীজন কোঠালিৰপৰা ওলাই গ'যোৱাৰ সময়ত সি দুৱাৰটো বন্ধ কৰি গ'ল তনৱালৰ নিৰ্দেশত।

            ইয়াকুব বেগৰ যোজনা অনুসৰি কাম আগবঢ়াৰ কাৰণে তনৱালে ইয়াকুব বেগক প্ৰশংসা কৰি ক'লেআপোনাৰ পৰামৰ্শমতে তৈয়াৰ কৰা যোজনা সফল হোৱাত আপোনাক ধন্যবাদ জনাইছোঁ৷বৰ্তমান আমি ইয়াতকৈ উত্তম একো আশা কৰিব নোৱাৰি।

            ইয়াকুব বেগ তনৱালৰ প্ৰশংসাত উজ্জীৱিত হৈ উঠিল। সি নিজৰ দূৰদৰ্শিতা আৰু মহত্ব প্ৰকাশ কৰিবলৈ ক'লেশ্বেৰিম তাগায় এতিয়া নিজৰ ভাগিনক বিপদৰপৰা ৰক্ষা কৰিবলৈ বহু দূৰলৈ লৈ যাব ই ধূৰূপ। সি এতিয়া বাবৰৰ বিশ্বাসভাজন হ'বলৈ মূৰৰ ঘাম মাটিত পেলাবলৈও কুণ্ঠাবোধ নকৰিব। বাবৰক একেবাৰে আলতাউ পাৰ কৰিয়ে লৈ যাব হয়তো আল্লাহৰ ওচৰত লাখ লাখ শুকৰিয়া৷

            আহম্মদ তনৱাল উল্লাস উচ্ছ্বাসত আত্মহাৰা হৈ পৰিল। কূটিল হাঁহিৰ ৰেখা খেলি গ'ল তাৰ মুখমণ্ডলত। উৎফুল্লিত কণ্ঠত ক'লে সিআমি এতিয়া বাবৰ পলাই যোৱা কথাটো তিলটোকে তালটো কৰি প্ৰজা সাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিবসিহঁতে উপলব্ধি কৰক, বাবৰে আসন্ন বিপদৰ ভয়ত সন্ত্রাসিত হৈ কেনেকৈ সিহঁতক দুৰ্যোগৰ মুখলৈ ঠেলি দি নিজৰ জীৱনলৈ পলালবাবৰে নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি সিহঁতক বাঘৰ মুখলৈ ঠেলি দি কেনেকৈ পলাই যাব পাৰিলে সেই কথা অনুভৱ কৰক সিহঁতে! এই খবৰটো প্ৰচাৰ হ'লে প্রজা সাধাৰণৰ বাবৰৰ প্ৰতি আস্থা নোহোৱা হ'ব আৰু তেতিয়া মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ বাটত কোনো হেঙাৰ নাথাকিব

            ইয়াকুব বেগে দাঢ়িত হাত বুলাই ক'লেউৰাবাতৰি প্ৰচাৰৰ কাৰণে আটাইতকৈ সুবিধাজনক ঠাই হৈছে জনবহুল বজা ৷ মোৰ হাতৰ মুঠিত এই কামৰ বাবে উপযুক্ত কিছুমান ব্যৱসায়ী মানুহ আছে। সিহঁতে এই কাম নিশ্চয় সুকলমে সমাধা কৰিব পাৰিব

            তনৱালে শংকিত কণ্ঠত ক'লেকিন্তু আমি যে উৰাবাতৰি প্ৰচাৰ কৰিছোঁ এই কথা যেন ঘূণাক্ষৰেও প্ৰকাশ নাপায়৷

            ইয়াকুব বেগে তনৱালক আশ্বাস দি দৃঢ় কণ্ঠত ক'লেআপুনি এই বিষয়ে নিশ্চিন্ত থাকক বেগ চাহাব। কেনেকৈ কি কৰিব লাগিব সেইয়া মই ভালদৰেই জানোঁ

            ইয়াকুব বেগে যোজনামতে উৰাবাতৰি প্ৰচাৰৰ বাবে কেইজনমান মানুহ নিয়োগ কৰিলে । সিহঁতে ব্যস্ততাপূৰ্ণ বজাৰত প্ৰকৃত ঘটনা বিকৃত কৰি মিছা ভিত্তিহীন বাতৰি কিছুমান প্ৰচাৰ কৰি দিলে। বনজুইৰ দৰেই সেইবোৰ মাজত বিয়পি পৰিল

            আন্দিজানত এনেয়েও এটাৰ পাছত এটা উৰাবাতৰিয়ে হুলস্থূলৰ সৃষ্টি কৰি আছিল। নিৰন্তৰভাবে আগবাঢ়ি অহা শত্রুসেনাৰ ভয়ত মানুহবোৰ আগৰেপৰাই সন্ত্ৰস্ত হৈ আছিল আৰু দুশ্চিন্তাৰ ক'লা ডাৱৰে ভাদমহীয়া আকাশৰ দৰে মানুহৰ হৃদয় ছানি ধৰিছিল।য'তেই ভয় ত'তেই উৰাবাতৰিৰ বজাৰ অধিক উত্তপ্ত হয়গতিকে ইয়াকুব বেগে ভবামতেই উৰা বাতৰি প্ৰচাৰ হৈ আন্দিজানৰ মানুহবোৰক অধিক সন্ত্রাসিত কৰি তুলিলে

            বাদচাহ ওমৰ শ্বেখৰ মৃত্যু সংবাদ ইতিমধ্যে আন্দিজানত প্ৰচাৰ হৈ গৈছিল।গতিকে ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰৰ ফলত উক্ত মৃত্যু সংবাদ বিকৃত ৰূপ পৰিগ্ৰহণ কৰিলে। ওমৰ শ্বেখে শত্ৰুৰ ভয়ত নদীৰ পানীত জঁপিয়াই পৰি আত্মহত্যা কৰিছে বুলি প্ৰকৃত ঘটনাটোৱে ইতিমধ্যে এনেকুৱা বিকৃত ৰূপ লৈছিল। ইয়াৰ লগতে ইয়াকুব বেগৰ মানুহবোৰে চাহজাদা বাবৰ শত্ৰুৰ ভয়ত আন্দিজানবাসীক ভাগ্যৰ হাতত এৰি দি প্ৰাণলৈ পলাই গৈছে বুলি প্ৰচাৰ কৰি দিলে। ফলত আন্দিজানৰ জনজীৱন বিপর্যস্ত হোৱাৰ উপক্ৰম হ'ল।

            উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে জনবহুল বজাৰৰ দোকান-পোহাৰ এটাৰ পাছত আনটো বন্ধ হ'বলৈ ধৰিলে। উৰাবাতৰি ক'ৰপৰা কোনে প্ৰচাৰ কৰিছে কোনেও নাজানে; কিন্তু মানুহবোৰে নিজে কথাবোৰ শুনিছিল আৰু ইজনে-সিজনৰ ওচৰত শুনা কথাবোৰ এখোপ চৰাকৈ বৰ্ণনা কৰি আছিল। মুখ বাগৰি আহি আহি কথাবোৰে এনেকুৱা বিকৃত ৰূপ ল'লে যে, শেষ মুহূৰ্তত মানুহবোৰে ক'বলৈ ধৰিলেশত্ৰু সেনাই আখচী দখল কৰিছে আৰু বাদচাহক নদীৰ গৰাৰ পৰা দলিয়াই পানীত পেলাই দিছে, ফলত বাদচাহৰ মৃত্যু হৈছে। শত্ৰুৰ ভয়ত বাবৰ প্ৰাণলৈ পলাই গৈছে।

            কথাবোৰ চহৰ দাৰোগা উজ্জন হোছেনৰ কাণতো পৰিল ৷ কথাবোৰ শুনি চহৰ দাৰোগা বিচলিত হৈ উঠিলডাঁৰৰ বাতৰি ভাৰত পোৱাৰ বাবে তেওঁ অৱশেষত গুপ্তচৰ নিয়োগ কৰিবলৈ বাধ্য হ'

            উৰাবাতৰিত সেনানায়কসকলৰ মাজতো অস্থিৰতাই দেখা দিলে। কাশিম বেগৰ মুখত বাদচাহৰ মৃত্যু সংবাদ শুনি সিহঁত স্বাভাৱিকতে বিচলিত হৈ উঠিছিলসিংহাসনৰ উত্তৰাধিকাৰীৰ পৰিবৰ্তনে যুদ্ধৰ চিন্তাতকৈ বেলেগ চিন্তাহে কৰিবলৈ বাধ্য হৈছিল সিহঁত। বাবৰ শত্ৰুৰ ভয়ত পলাই যোৱাৰ বাতৰি শুনি সিহঁতৰ উদ্বেগ উৎকণ্ঠা কেবাগুণো বাঢ়ি গ'ল।

            ইফালে গুপ্তচৰসকলে চহৰ দাৰোগা উজ্জন হোছেনক ডাঁৰৰ বাতৰি ডাঁৰতে দি যাবলৈ ধৰিলেএটাৰ পাছত এটা উৰাবাতৰি শুনি সি ভীষণভাবে উত্তেজিত হৈ উঠিল। উত্তেজনাত তাৰ মূৰটো কুমাৰৰ চাকৰ দৰে ঘূৰিবলৈ ধৰিলে। নিৰুদ্ধ আক্রোশত সি গুজৰি গুমৰি চাটি-ফুটি কৰিবলৈ ধৰিলে৷ প্ৰচাৰ হৈ থকা বাতৰিবোৰ ভিত্তিহীন, মিছা উৰা বাতৰি বুলি সি উপলব্ধি কৰিব পাৰিলে যদিও মানুহবোৰক প্রকৃত ঘটনাটো বুজাব নোৱাৰি কিংকর্তব্যবিমূঢ় হৈ অসহায়ৰ দৰে উৎকণ্ঠিত সময়বোৰ পাৰ কৰিবলৈ ধৰিলে। অৱশেষত সি অতীষ্ঠ হৈ পৰিস্থিতিৰ ওপৰত আলোচনা কৰিবলৈ সেনানায়ক আৰু সম্ভ্ৰান্ত ব্যক্তিসকলক মাতি পঠিয়াবলৈ বাধ্য হ'

            উজ্জন হোছেনৰ আহ্বান ক্ৰমে সকলোৱে আহি দুৰ্গৰ ভিতৰত সমবেত হ'উজ্জন হোছেনে সমবেত সেনা নায়ক আৰু সম্ভ্ৰান্ত ব্যক্তিসকলক উদ্দেশ্য কৰি পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিলেমহোদয়সকল, আমাৰ ভাগ্য খুবেই অপ্রসন্ন। দুৰ্গৰ বাহিৰত চলিছে শত্ৰুৰ অতপালি আৰু দুৰ্গৰ ভিতৰত চলিছে লৰা-ঢপৰা। কি কথা, কি বতৰা আমি তাৰ কোনো উমঘামেই ধৰিব পৰা নাইগতিকে আমি কোনো পৰিস্থিতিৰ বাবেই নিজক প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাইআমাৰ এই বিশৃংখল পৰিস্থিতি দেখি শুনিয়েই চাহজাদা বাবৰ ক্ষুব্ধ হৈ দুৰ্গৰ ভিতৰলৈ নাহি বাহিৰে বাহিৰে গুচি গৈছে হয়তো। পৰিস্থিতি যেন আমাৰ আয়ত্বৰ বাহিৰলৈ গুচি গৈ আছে ক্রমান্বয়ে৷

            আমিও এতিয়া পলাই যোৱা উচিত হ'ব নেকি দাৰোগা চাহাব? মৌলানা খাজা আবদুল্যাই ব্যংগভৰা কণ্ঠত সুধিলে।

            খাজা আবদুল্যা অশীতিপৰ বৃদ্ধ! তেওঁৰ চুলি বগলীৰ পাখিৰ দৰে শুভ্ৰবিজ্ঞ বুলি সমগ্র আন্দিজানত তেওঁ সুপ্রসিদ্ধ। আন্দিজানৰ বেগসকলৰো তেওঁ এজন অতি প্ৰভাৱশালী ওস্তাদএনেকি মির্জা বাবৰৰো তেওঁ ওস্তাদ। সেয়েহে আন্দিজানৰ বাদচাহ, প্রজা আটায়ে তেওঁক শ্ৰদ্ধা-ভক্তিৰ লগতে সমীহ কৰি চলে৷ গতিকে উজ্জন হোছেনে তেওঁৰ ব্যংগ ভৰা কণ্ঠত মনে মনে ক্ষুব্ধ হৈ উঠিল যদিও অভদ্রোচিত উত্তৰ দিবলৈ সাহস নাপালে। দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সি সকলো অপমান নীৰৱে সহ্য কৰি মনে মনে থিয় দি ৰ'ল৷

    কাশিম বেগো সভাত উপস্থিত আছিল। তেওঁ পৰামৰ্শ আগবঢ়ালে, চাহজাদা বাবৰ অবিহনে এই পৰিস্থিতিত আমি কোনো ধৰণৰ পদক্ষেপ লোৱা সমীচিন নহ'ব। তেওঁ বেছি দূৰ গৈ নৌপাওঁতেই আমি তেওঁক ওভতাই অনাটো উচিত হ'ব। তেওঁ উভতি আহিলেহে আমাৰ মাজত সৃষ্টি হোৱা ভয়, শংকা আঁতৰ 'ব।

    ম‍ই চাহজাদা বাবৰক ভালদৰেই জানো। খাজা আবদুল্যাই সমবেত জনতালৈ উদ্দেশ্য কৰি দৃঢ় কণ্ঠত ক'লেপ্ৰাণৰ ভয়ত পলাই যোৱা বিধৰ ব্যক্তি তেওঁ কেতিয়াও নহয়। এই কথা মই নিঃসন্দেহে ডাঠি কব পাৰোঁ। আমাৰ বিশ্বস্ততা আৰু আজ্ঞাৱহতাৰ কথা প্ৰমাণ কৰিবলৈহে তেওঁ আমাক এইদৰে এৰি থৈ গুচি গৈছেইফালে তেওঁৰ এই অন্তৰ্দ্ধানৰ সুযোগ লৈ এচাম দুষ্ট প্ৰকৃতিৰ লোকে সাধাৰণ জনতাক ভীত সন্ত্ৰস্ত কৰি বিশৃংখল পৰিবেশ সৃষ্টিৰ কাৰণে কিছুমান ভিত্তিহীন উৰা বাতৰি প্ৰচাৰ কৰি আছে। আপোনালোকে শুনি আচৰিত হ'ব যে, সেই দুষ্টচক্ৰই আমি বাদচাহৰ মৃত্যু সংবাদ পোৱাৰ আগতেই তেওঁৰ মৃত্যু সংবাদ প্ৰচাৰ কৰি আছিল। নিশ্চয় ইয়াৰ অন্তৰালত গুৰুতৰ ৰহস্য আৰু ষড়যন্ত্র নিহিত হৈ আছে।

            সত্য সকলো পৰিস্থিতিতেই সত্য। সাধাৰণ মানুহে যি সত্য অনুধাৱন কৰিব পৰা নাছিল খাজা আবদুল্যাই নিজৰ বিচাৰ-বিবেচনা আৰু দূৰদৰ্শিতাৰে সেই সত্যটোকেই অনুধাৱন কৰিব পাৰিছিল। সেই সত্যটোকেই তেওঁ সমবেত জনতাৰ আগত প্ৰকাশ কৰি সিহঁতৰ প্ৰতিক্ৰিয়া জানিবলৈ অনুসন্ধিৎসু দৃষ্টিত সিহঁতৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে।

            মোৰ অনুমান হৈছে মৌলানা চাহাবৰ অনুমানেই সঠিক। উজ্জন হোছেনে খাজা আবদুল্যাক সমৰ্থন কৰি ক'লেতেওঁ নিশ্চয় পৰিস্থিতিৰ গমগতি পৰিস্কাৰকৈ বুজিব পাৰিছে। এইদৰে কৈয়ে তেওঁ সমবেত জনতাক আহ্বান জনালেআহক আমি মৌলানা চাহাবে কোৱামতেই কাম কৰোহঁক ।

            মোৰ কথা স্পষ্ট আৰু পোনপটীয়াখাজা আবদুল্যাই শান্ত-ধীৰ-স্থিৰ কণ্ঠত ক'লেআমি এতিয়া সকলো দ্বেষ, অভিমান, বিভেদ পাহৰি একগোট হৈ চাহজাদা বাবৰৰ হাত শক্তিশালী কৰাটো অতি প্ৰয়োজনএই কাৰ্যই আমাৰ মংগল কঢ়িয়াই আনিব। তেহে আমি শান্তিৰে জীয়াই থাকিব পাৰিম । যদি আমি বাবৰক সহযোগিতা কৰো কোনো দুষ্ট শক্তিয়ে আমাৰ একো ক্ষতি সাধন কৰিব নোৱাৰিব। যদি আমি ভুল ধাৰণাৰ বশৱৰ্তীহৈ বাবৰৰ ফালে পিঠি দিও তেনেহ'লে আমাৰ ভৱিষ্যত অনিশ্চয়তাৰ কৰাল গ্ৰাসত পতিত হ'ব আৰু আমি নিজৰ ভৰিত নিজে বাগী কুঠাৰ মাৰাৰ নিচিনা কথাহে হ'ব।

            খাজা আবদুল্যাৰ পৰামৰ্শ উজ্জন হোছেনৰ সিমান মনঃপুত নহ'ল যদিও এষাৰ কথা ভাবি সি ভয় বিহ্বল হৈ উঠিল আৰু খাজা আবদুল্যাক সমৰ্থন কৰিবলৈ সিদ্ধান্ত ল'লে। খাজা আবদুল্যাৰ কথামতেই যদি পৰিস্থিতিৰ পৰিবৰ্তন হয় আৰু চাহজাদা বাবৰেই যদি ফাৰগানাৰ বাদচাহ হয় তেনেহ'লে চহৰ দাৰোগা হিচাপে তাৰ আজিৰ এই কিংকর্তব্যবিমূঢ়তাৰ পৰিণতি কি হ'ব পাৰে সেই বিষয়ে সি সজাগ হৈ উঠিল। মানুহবোৰে নিশ্চয় তাৰ আজিৰ এই আচৰণৰ বিষয়ে বাবৰক জনাই দিব আৰু এই অপৰিণামদর্শিতাৰ বাবে সি চহৰ দাৰোগাৰ পদৰপৰা বৰ্খাস্ত হ'ব।

            সেয়ে উজ্জন হোছেনে বাবৰৰ বিশ্বাসভাজন হোৱাৰ কাৰণে খাজা আবদুল্যাৰ পৰামৰ্শক সন্মান জনাই ক'লেমৌলানা চাহাব, আপোনাৰ পৰামৰ্শ অনুসৰি ম‍ই চাহজাদা বাবৰক সহযোগিতা কৰিবলৈ প্ৰস্তুত। আপোনাৰ অনুমতি পালে মই নিজেই চাহজাদা বাবৰক ওভতাই আনিবলৈ যামআমাৰ সেনানায়ক সকলৰ হৈ আমাৰ বিশ্বস্ততাৰ বিষয়ে ম‍ই বাবৰক অৱগত কৰাম আৰু দুৰ্গলৈ উভতি অহাৰ বাবে আমন্ত্রণ জনাতেওঁক ম‍ই যিকোনো উপায়ে দুৰ্গলৈ ওভতাই আনিম

            খাজা আবদুল্যাই উজ্জন হোছেনৰ মনোভাব উপলব্ধি কৰিব পাৰি ক'লেআপোনাৰ সংকল্প নিঃসন্দেহে প্ৰশংসাৰ যোগ্য, দাৰোগা চাহাব। আপুনি চাহজাদাক ওভতাই আনিবলৈ যোৱাৰ প্ৰয়োজন নাই। কাৰণ ইয়াতকৈও গুৰু দায়িত্ব চহৰ দাৰোগা হিচাপে বৰ্তমান আপোনাৰ ওপৰত ন্যস্ত। চহৰৰ শান্তি ৰক্ষাৰ ভাৰ যিহেতু আপোনাৰ ওপৰত গতিকে আপুনি এই লৰা-ঢপৰা বন্ধ কৰি পুনৰ শান্তি ওভতাই অনাৰ ব্যৱস্থা কৰক। বদমাচবোৰক চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থা কৰকএইখিনি কৰিব পাৰিলেই আপুনি বাবৰৰ অনুগ্রহ পোৱাৰ বাবে যোগ্য বুলি বিবেচিত হব পাৰিব ৷

            উজ্জন হোছেনৰ কাণত কথাবোৰ শেলৰ দৰে বিন্ধিলে যদিও পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি সি মূৰ নত কৰি খাজা আবদুল্যাৰ কথাবোৰ শুনিবলৈ বাধ্য হ'ল৷ক্ৰমশঃ

            গৰম কালি। আকাশ-বতাহ সূৰ্যৰ প্ৰখৰ কিৰণে উত্তপ্ত কৰি তুলিছিলবাবৰ, শ্বেৰিম তাগায়ৰ সৈতে এদল অশ্বাৰোহী লৈ উজগন্তৰ ফালে ঘোঁৰা চেঁকুৰাই গৈ আছিল। তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ চাপত ৰাস্তাৰ ধূলিকণাবোৰ কুঁৱলিৰ দৰে বতাহত উৰি আছিল। উত্তপ্ত ধূলিকণাবোৰে অশ্বাৰোহীসকলৰ মুখমণ্ডল জুইৰ শিখাৰ দৰে দগ্ধ কৰি আছিল।

            অক্লান্ত পৰিশ্ৰমৰ ফলত বাবৰ ঘামত তিতি বুৰি উঠিছিল। অসহ্য পিয়াহত তেওঁৰ অণ্ঠ-কণ্ঠ মৰুভূমিৰ দৰে শুকাই চৰ্চৰীয়া হৈ পৰিছিল ৷

            কালি এইখিনি সময়ত বাবৰে আন্দিজানৰ প্রাসাদত বহি আৰাম আয়াসেৰে সময়বোৰ অতিবাহিত কৰিছিল; কিন্তু আজি ক'ৰবাৰপৰা আচম্বিতে এজাক ধুমুহা আহি সকলো আৰাম-আয়াস, বিলাস-কল্পনা নিষ্ঠুৰ হাতৰ থাবা মেলি উৰুৱাই লৈ গ'ল। এই মুহূৰ্তত যেন কালিৰ সকলো ঘটনা সুদুৰ অতীত হৈ গৈছে। সলনি হৈ গৈছে জীৱনৰ দৃশ্যপট্শস্য-শ্যামলা ধৰণীৰ সুশীতল নিৰ্মল সমীৰ, কাঁচৰ দৰে স্বচ্ছ পানী, বিলাস-কল্পনা, বাৰে বতৰীয়া ধেমালি সকলো যেন নিশাৰ সপোনৰ দৰে হেৰাই গ'ল নিয়তিৰ নিষ্ঠুৰ হাতৰ পৰশত। উত্তপ্ত ধূলি-ধূসৰ ৰাস্তা আৰু এইবোৰ বিক্ষিপ্ত ভাৱনাই বাবৰৰ উপলব্ধিত শেলৰ দৰে আঘাত কৰি আছিল

            বাবৰৰ উপলব্ধি হ'ল যেন পৰীৰ দেশৰ কাহিনীৰ মাজত হঠাৎ এজাক প্ৰচণ্ড বা বা-মাৰলী আহি তেওঁক কিশোৰসূলভ আনন্দময় জীৱনপৰা নিৰালম্বভাবে তৃণকুটাৰ দৰে উৰুৱাই লৈ গৈ আছে অনিশ্চিত ভৱিষ্যতৰ ফালে। উৰি ফুৰা ধূলিকণাবোৰ সেই প্রচণ্ড বা-মাৰলীৰে যেন ধূলিকণা। পিতাকক নদীৰ পানীত পেলাই দিয়া শক্তিও এই বা-মাৰলীৰে শক্তি। তেওঁৰ লগত অহা পঞ্চাছজন অশ্বাৰোহীৰ ছাঁও যেন সেই বা-মালীৰ প্ৰতিচ্ছবি। বা-মাৰলীয়ে নিষ্ঠুৰ হাতেৰে অক্টোপাছৰ দৰে যেন আটাইকে গবা মাৰি ধৰিছে

            ভোক-পিয়াহৰ প্ৰাৱল্যত বাবৰৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে। তেওঁৰ অনুমান হ'ল যেন কোনোবা অপদেৱতাই তেওঁক পথভ্ৰষ্ট কৰি বিপদ সংকুল বাটৰফালে ঠেলি লৈ গৈ আছে।

            তেওঁলোক উজগন্তলৈ যোৱা বাটৰ নামাজগাহ পর্যন্ত অহাৰ পাছত বৰফেৰে ঢকা পাহাৰৰ শিখৰ দৃষ্টিগোচৰ হ'বলৈ ধৰিলে। চকু-মুখত চুই যাবলৈ ধৰিলে শীতল বতাহৰ আলফুল পৰশে। অত্যধিক গৰমৰ পাছত ঠাণ্ডাৰ আলফুল পৰশত আটায়ে কিছু পৰিমাণে স্বাচ্ছন্দ্যও অনুভৱ কৰিবলৈ ধৰিলে৷

            বাবৰে শুকান জঠৰ ওঁঠযুৰি খুলি শ্বেৰিম তাগায়ক গতি বঢ়াবলৈ আহ্বান জনালেআটায়ে গতি বঢ়াওঁক, সোনকাল কৰক ৷

            পাছ পৰি থকা চিপাহীসকলক গতি বঢ়াবলৈ ডাবি দিয়াৰ কাৰণে শ্বেৰিম তাগায় পাছলৈ ঘূৰি চালে। ঠিক সেই মুহূৰ্তত অনতিদূৰত এজন সংবাদবাহক অশ্বাৰোহীক সিহঁতৰ ফালে দ্ৰুতগতিত ঘোঁৰা চেঁকুৰাই আহি থকা তাৰ চকুত পৰিল। শ্বেৰিম তাগায় বাবৰক মাতি ক'লেচাহজাদা, খন্তেক অপেক্ষা কৰক৷ কোনোবা এজন আমাৰ ফালেই আহি আছে।

            বাবৰসহ আটাইকেইজন অশ্বাৰোহীয়ে ঘোঁৰাৰ লেকাম টানি ধৰি ৰৈ গ'ল৷ তেওঁলোকে পাছলৈ ঘুৰি চোৱাৰ লগে লগে এজন অশ্বাৰোহী সংবাদবাহকক অনতিদূৰতে ঘোঁৰা চেঁকুৰাই আহি থকা দেখি আটায়ে উৎকণ্ঠিতভাবে সংবাদ বাহক অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।

            খন্তেক পাছতে সংবাদবাহকজন তেওঁলোকৰ কাষ পালেহি। সংবাদবাহকজন  ঘোঁৰাৰ পিঠিৰপৰা নামি অভিবাদন জনাই খাজা আবদুল্যাই প্ৰেৰণ কৰা চিঠিখন সসম্ভ্রমে বাবৰৰ ফালে আগবঢ়ালে

            গোলকৈ মেৰিওৱা চিঠিখন হাতত লৈ বাবৰে ৰেচমীৰ ফিতাডাল খুলি নুয়ান কুশল দাসলৈ আগবঢ়াই ক'লেপঢ়ক।

            নুয়ান কুশল দাসে বাবৰৰ নিৰ্দেশত চিঠিখন আটায়ে শুনাকৈ পঢ়ি গ'ল। আৰু সকলোৱে উৎকণ্ঠিতভাবে চিঠিখন শুনি গ'ল ।

            চিঠিখনৰ বিষয়বস্তু আছিল এনেকুৱা -

            প্ৰথমতে চিঠিখনত আন্দিজানৰ বেগসকলৰ বিশ্বস্ততাৰ বিষয়ে লিখা আছিল। ইয়াৰ উপৰিও সাৱধানতাপূর্বক ইংগিত দিয়া আছিল যে, চহৰত ভিত্তিহীন কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে। যেনেমির্জা বাবৰ সংকট দেখি পলাই গৈছে। ওমৰ শেখক শত্রু সেনাই নদীৰ পানীলৈ দলিয়াই দি হত্যা কৰিছে। দুষ্টচক্র এটাই প্রজাসাধাৰণক বাবৰৰ বিৰুদ্ধে উচটাবলৈ চেষ্টা কৰি আছে। বাবৰৰ অনুপস্থিতিৰ কাৰণে বিশ্বস্ত বেগসকল কিংকর্তব্যবিমূঢ় হৈ পৰিছেগতিকে বাবৰ অতি সোনকালে আন্দিজানলৈ উভতি যাব লাগে

            চিঠিখনৰ বক্তব্য শুনি শ্বেৰিম তাগায় উল্লাস-উচ্ছ্বাসত জঁপিয়াই উঠিল৷সি উচ্ছ্বসিত কণ্ঠত ক'লেমই আপোনাক এই কূটচক্ৰীসকলৰ কবলৰপৰা ৰক্ষা কৰিব খুজিছিলোঁ, চাহজাদাদুর্গ বর্তমান সেই ষড়যন্ত্ৰকাৰীসকলৰ আড্ডাত পৰিণত হৈছেগতিকে আপুনি কোনোমতেই তালৈ যোৱাটো উচিত নহ', চাহজাদা। যদি প্রকৃতার্থত বেগসকল আপোনাৰ অনুগত তেনেহ'লে সিহঁতক ইয়ালৈ মাতি পঠাওঁক৷ সিহঁতে ইয়ালৈ আহি সিহঁতৰ আনুগত্যৰ প্ৰমাণ দিয়কহি।

            মির্জা বাবৰ শত্ৰুৰ ভয়ত পলাই গৈছে! এই বাতৰি সমগ্ৰ আন্দিজানত কাণে কাণে প্ৰচাৰ হৈ আছে! এখন চহৰৰপৰা আন এখন চহৰলৈএখন গাঁৱৰপৰা আন এখন গাঁৱলৈ?  প্রজা সাধাৰণে তেওঁক ভীৰু, কাপুৰুষ বুলি ঘৃণাত নাক কোঁচাই ফুৰিছে? এইবোৰ কথা ভাবিয়ে বাবৰৰ কাণ-মূৰ উত্তেজনাত গৰম হৈ উঠিল৷ নিৰুদ্ধ আক্রোশ উত্তেজনাত স্ফীত হৈ উঠিল তেওঁৰ শিৰা-উপশিৰাবোৰ ৷ উত্তেজনাত তেওঁ মেলেৰীয়া ৰোগীৰ দৰে ঠক্‌ঠক্‌ কৈ কঁপিবলৈ ধৰিলে৷

            আক্রোশ উত্তেজনাত তেওঁ চিঞৰি উঠিলনাই নাই, মোৰ পলাই যোৱাৰ অকণো ইচ্ছা নাই। মই শত্ৰুৰ ভয়ত পলাই নাযাওঁ। মই সিহঁতৰ হঠকাৰিতাৰ সমুচিত উত্তৰ দিম। এইদৰে কৈয়ে বাবৰে নিজৰ ঘোঁৰা ঘূৰালে৷

            বাবৰক আন্দিজান অভিমূখে ঘোঁৰা ঘূৰোৱা দেখি শ্বেৰিম তাগায় ব্যস্ত হৈ উঠিল। সি দ্রুত বাবৰৰ ওচৰলৈ আহি হতাশ ও উত্তেজিত কণ্ঠত ক'লেমোক বিশ্বাস কৰক চাহজাদা, এইয়া শত্ৰুৰ চতুৰালিৰ বাহিৰে আন একো নহয়সিহঁতে আপোনাক জালত পেলাবলৈ কৌশল কৰি আছে। আপুনি আন্দিজানলৈ গ'লেই সিহঁতে আপোনাৰ ওপৰত জঁপিয়াই পৰিব। আপুনি এই পৰিস্থিতিত আন্দিজানলৈ যোৱাটো কোনোপধ্যেই সমীচিন নহ'ব, চাহজাদা ।

            ম‍ই নিজে সকলো কথাৰ ভূ ল'ম। বাবৰে দৃঢ়কণ্ঠত ক'লেমই সিহঁতক দেখুৱাই দিম যে, মির্জা বাবৰ ভীৰু কাপুৰুষ নহয় । শত্ৰুৰ লগত মোকবিলা কৰিবলৈ তেওঁ ভয় নকৰে। বলক, আটায়ে আন্দিজানলৈ উভতি বলক।

            বাবৰে ঘোঁৰাৰ লেকাম ঢিলা দি সজোৰে ঘোঁৰাৰ পিঠিত কশাঘাত কৰিলেফলত প্ৰচণ্ড গতিত ঘোঁৰা আন্দিজান অভিমুখে চেঁকুৰ মেলিলে। বতাহৰ ঠেলামূৰি আহি বাবৰৰ বুকুত লগাত কিছুসময় আগৰ সেই অস্বস্তিৰ পৰাও তেওঁ যেন সকাহ পালে ৷ এক প্রগাঢ় প্রশান্তিত তেওঁৰ হৃদয় ভৰি পৰিল । তেওঁৰ উপলব্ধি হ'ল যেন সেই আতংকজনক বা-মাৰলী লাহে লাহে পিচপৰি ৰাস্তাৰপৰা অদৃশ্য হৈ পৰিছে।

            সূৰ্যান্তৰ লগে লগে বাবৰে আহি আন্দিজান দুর্গ পালেহি। আন দিনা সন্ধিয়া যিবোৰ ৰাস্তাত প্ৰচুৰ জন সমাগম হয়কলৰৱ, গুঞ্জন চিঞৰ-বাখৰত প্ৰতিটো অলি-গলি মুখৰ হৈ থাকে সেইবোৰ ৰাস্তা, প্ৰতিটো অলি-গলি জনশূন্য। নিজম পৰি আছে প্ৰতিটো ৰাস্তা অলি-গলি। চহৰখন যেন কবৰৰ তলত শুই আছে। অস্বস্তিকৰ সীমাহীন নীৰৱতা বিৰাজ কৰিছে ৰাস্তাবোৰত । দোকান-পোহাৰ বন্ধ ৷ চৌদিশে বিৰাজ কৰিছে অস্বস্তিকৰ শূন্যতা। প্রেতপুৰীৰ দৰে নীৰৱ নিস্তব্ধ আৰু ভয়ংকৰ সন্ত্ৰস্ত ভাব এটাই যেন চহৰখন আচ্ছন্ন কৰি ৰাখিছে।

            চহৰখন পোৱাৰ লগে লগে শ্বেৰিম তাগায় বাবৰৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ উঠিল। বাবৰ আটাইৰে আগে আগে আহি আছিল। বাবৰৰ সুৰক্ষাৰ বাবে শ্বেৰিম তাগায় ব্যস্ত হৈ উঠিল। বাবৰক সুৰক্ষা দিয়াৰ বাবে সি সৈনিকসকলক আগবাঢ়ি যোৱাৰ বাবে ইংগিত কৰিলে। সৈনিকসকলে ইংগিত পাই আগবাঢ়ি আহি বাবৰক ঘেৰি ধৰিলেবাবৰৰ অনুমান হ'ল যেন তেওঁক পুনৰ বন্দী কৰা হৈছে। বা-মাৰলী জাকে যেন পুনৰ তেওঁক হেঁচি ধৰিছে। সৈনিকসকলৰ ব্যূহৰ মাজত আৱদ্ধ হৈ তেওঁ পুনৰ অস্বস্তিত ভুগিবলৈ ধৰিলে৷

            বাবৰে অসহ্যকৰ বিৰক্তিত ভৰিৰে ঘোঁৰাৰ পেটত গোতা মাৰি সুৰক্ষা ব্যূহভেদ কৰি বাহিৰলৈ ওলাই আহিল ।

            বাবৰৰ এই কাৰ্যৰ ফলত শ্বেৰিম তাগায় সজাগ হৈ উঠিল। সি দ্রুত আগবাঢ়ি আহি বাবৰৰ লগে লগে আগবাঢ়িবলৈ ধৰিলে। তাৰ মনৰ ভাৱঅন্ততঃ চাওঁতাই চাওঁক, সি কেনেকৈ নিজৰ ভাগিনক ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰৰপৰা ৰক্ষা কৰিবলৈ যত্ন কৰি আছে।

    শ্বেৰিম তাগায়ৰ আচৰণত বাবৰ বিৰক্ত হ'ল যদিও তেওঁ মুখেৰে একো নকলে। তেওঁ বিৰক্তিভৰা দৃষ্টিত শ্বেৰিম তাগায়লৈ চাই মনৰ বিৰক্তি প্রকাশ কৰিলে মাথোন। শ্বেৰিম তাগায় বাবৰৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰিও নুবুজাৰ ভাওজুৰি তেওঁৰ লগে লগে আগৰ দৰেই আগবাঢ়িবলৈ ধৰিলে।

    কিন্তু নুয়ান কুশল দাস নামৰ সৈনিকজনে শ্বেৰিম তাগায়ৰ এই কাৰ্যত বিৰক্ত হৈ দ্ৰুত আগবাঢ়ি আহিল। তেওঁ শ্বেৰিম তাগায়ৰ ঘোঁৰাৰ লেকাম টানি ধৰি ক'লেবেগ চাহাব, চাহজাদা বাবৰক সকলোৰে আগে আগে যাবলৈ দিয়ক। প্রজা সাধাৰণক চাহজাদাক চোৱাৰ সুযোগ দিয়ক। সিহঁতে নিশ্চয় চাহজাদাক চাবলৈ খিড়িকিৰ ফাঁকেৰে ৰাস্তাৰ ফালে চাই আছে। সিহঁতে চাই লওঁক ষড়যন্ত্ৰকাৰীয়ে প্ৰচাৰ কৰা উৰাবাতৰি তেনেই মিছা ভিত্তিহীন।

    কিন্তু বিদ্ৰোহীবোৰে যদি কোনোবা ফাঁকেৰে চাহজাদালৈ শৰ নিক্ষেপ কৰে? শ্বেৰিম তাগায় উদ্বিগ্ন কণ্ঠত কলে।

    তথাপি প্রয়োজন নাই। নুয়ান কুশল দাসে দৃঢ়ভাবে ক'লেচাহজাদাৰো আটায়েৰে আগে আগে যোৱাৰ ইচ্ছা। আল্লাহই নিশ্চয় তেওঁক ৰক্ষা কৰিব

    নুয়ান কুশল দাসৰ দৃঢ়তা আৰু বাবৰৰ মুখমণ্ডলত বিৰক্তিৰ প্রচ্ছায়া দেখি শ্বেৰিম তাগায় হতচকিত হৈ বাবৰৰপৰা কিছু পিছ হোঁহকি আহিল৷

    অশ্বাৰোহী দলৰ আগে আগে আহি বাবৰ অক্ষতভাবে দুৰ্গৰ আৰ্ক (চহৰৰ মাজ মজিয়াত বনোৱা দুৰ্গ যি শাসক সকলৰ বাসস্থানৰ লেখীয়া) পালেহি ।

    খাজা আবদুল্যাহ, কাশিম বেগকে আদি কৰি অন্যান্য ব্যক্তি সকল বাবৰৰ আগমনলৈ অধীৰভাবে অপেক্ষা কৰি আছিল। বাবৰে আৰ্কৰ দুৱাৰ মুখ পোৱাৰ লগে লগে সকলোৱে বাবৰক আদৰি নিবলৈ আৰ্কৰ বাহিৰলৈ ওলাই আহিল ৷ বাবৰে তেওঁলোকৰ ওচৰলৈ আহি ঘোঁৰাৰ পিঠিৰপৰা নামি খাজা আবদুল্যাক অভিবাদন জনালে

    খাজা আবদুল্যাই হর্ষোৎফুল্লিত হৈ বাবৰক বুকুত সাৱটি ধৰি ক'লেবোপাক সহায় কৰা উচিত। বোপাক সান্ত্বনা দিয়া প্রয়োজন।(খাজা আবদুল্যাই বাবৰক বোপা অর্থাৎ 'বেটা' বুলি সম্বোধন কৰিছিল)। উপস্থিত আটায়ে সেই নয়নাভিৰাম দৃশ্য তন্ময় হৈ উপভোগ কৰিবলৈ ধৰিলে।

    আনন্দৰ আতিশয্যত আবদুল্যাৰ চকু চলচলীয়া হৈ উঠিল। তেওঁ কোনোমতে চকুপানী সম্বৰণ কৰি শান্ত ও সমাহিত কণ্ঠত ক'লেআমি দুঃখিত চাহজাদাআমাৰ মহামান্য বাদচাহ ইহ সংসাৰত নাইআমি বৰ্তমান এতিম (পিতৃ- মাতৃহীন)বর্তমান আপুনিয়ে আমাৰ একমাত্ৰ অৱলম্বন। আপুনিয়ে বর্তমান আপোনাৰ আব্বাজানৰ অভাৱ পূৰণ কৰিব লাগিব। আমি আটায়ে আপোনাৰ তত্বাৱধানত থাকি নিজকে ধন্য মানিম।

    সেনা নায়কসকলৰ মাজৰপৰা কোনোবা এজন আগবাঢ়ি আহি গুৰু-গম্ভীৰ কণ্ঠত আবদুল্যাৰ বক্তব্য খণ্ডন কৰি ক'লেআমি আটায়ে আপোনাৰ সেৱাত আত্মনিয়োগ কৰাৰ কাৰণে সংকল্পবদ্ধ। মাথোন আপোনাৰ আদেশৰ অপেক্ষাতহে অধীৰভাবে অপেক্ষা কৰি আছোঁ।

    বাবৰৰ হৃদয় আকাশ যেন স্নিগ্ধ গোলাপী আভাৰে উদ্ভাসিত হৈ উঠিলভাদমহীয়া বৰ্ষা গধুৰ কলা আকাশৰ পৰিবৰ্তে প্ৰতিভাত হৈ উঠিল শৰতৰ কাৰুকাৰ্যখচিত স্বর্ণময় আকাশ। কৃতজ্ঞতাত তেওঁৰ কণ্ঠ গদ্‌গদ হৈ উঠিল। তেওঁ কোনোমতে মাথোন উচ্চাৰণ কৰিলেধন্যবাদ !

    আটায়ে আৰ্কৰ ভিতৰত প্ৰবেশ কৰিবলৈ আগবাঢ়িল। ঠিক তেনেতে ক'ৰবাৰপৰা ইয়াকুব বেগ আহি তেওঁলোকৰ লগত মিলিত হল। বাবৰ উভতি অহাৰ বাতৰি পাইয়ে সি উৎকণ্ঠিত হৈ উঠিছে আৰু তাৰ ওপৰত যাতে কোনো ধৰণৰ বিৰূপ সন্দেহ পোষণ কৰা নহয়, তাৰ বাবেই সি বদান্যতা প্ৰকাশৰ বাবে বাবৰক আগবঢ়াই নিবলৈ লৰি আহিছে।

    আন্দিজান যেতিয়া সমগ্ৰ ফাৰগানাৰ ৰাজধানী আছিল তেতিয়া ঠাণ্ডা কুঠুৰী (এতিয়াৰ শীত-তাপ নিয়ন্ত্রিত কোঠালিৰ দৰে বিশেষ ভাবে তৈয়াৰী কোঠালি)ত দৰবাৰ বহিছিল ৷ ৰাজধানী আখচীলৈ স্থানান্তৰ কৰাৰ পাছৰেপৰা আন্দিজানৰ এই কাৰুকাৰ্যখচিত প্রাসাদৰ ভব্যতা ও গুৰুত্ব লাহে লাহে কমি আহিবলৈ ধৰেগতিকে দৰবাৰ কক্ষটো একপ্ৰকাৰ পৰিত্যক্ত অৱস্থাত অৱহেলিতভাবে পৰি আছিল৷

    গতিকে চাহজাদা বাবৰক আন্দিজানলৈ ওভতাই অনাৰ বাবে মানুহ পঠাই বাবৰক সিংহাসনত অধিষ্ঠিত কৰাৰ প্ৰস্তুতি হিচাপে খাজা আবদুল্যাই দৰবাৰ কক্ষটো সুবিন্যস্তভাবে সজাই তুলিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে দৰবাৰ কক্ষটো আটকধুনীয়া কৈ সজাই তোলা হৈছিল। ৰাজসিংহাসন থকা পিৰালিৰ ওপৰত তুর্কিস্থানী দলিচা পাৰি দিয়া হৈছিল। দলিচাৰ ওপৰত পাৰি দিয়া হৈছিল নৰম গাদীযুক্ত বিছনা৷ ফলত দৰবাৰ কক্ষটো ভব্য আৰু আটকধুনীয়া হৈ উঠিছিল ৷

    বাবৰ দৰবাৰ কক্ষত প্ৰবেশ কৰি ইয়াৰ ভব্যতা আৰু সৌন্দৰ্যত অভিভূত হৈ পৰিলফুলৰ দৰে কোমল মনোৰম জামুবৰণীয়া দলিচাৰ ওপৰেদি খোজকাঢ়ি আহোঁতে তেওঁৰ কাঁহ উঠি গ'ল ৷ কাৰণ তেওঁৰ গলটো ভোক-পিয়াহত শুকাই চৰ্চৰীয়া হৈ উঠিছিল । তথাপি তেওঁ কোনো ধৰণৰ বিশ্ৰাম নোলোৱাকৈ ধীৰ-মন্থৰ খোজত আগবাঢ়ি আহি সিংহাসনত আৰোহণ কৰিলে৷

                                       

            বাবৰ সিংহাসনত আৰোহণ কৰাৰ পাছত উপস্থিত সেনানায়ক আৰু গণ্যমান্য ব্যক্তি সকল নিজা নিজা আসনত উপবেশন কৰিলে ৷

    খাজা আবদুল্যাই প্রচলিত প্রথা অনুসৰি ফাতিহা পাঠ কৰিলে হে আল্লাহ বাদচাহক ৰক্ষা কৰা ।

    উপস্থিত পাত্র-মিত্র সমন্বিতে গণ্যমান্য ব্যক্তিসকলে সমস্বৰে কৈ উঠিলহে আল্লা বাদচাহক ৰক্ষা কৰা

    সমবেত কণ্ঠৰ ফাতিহা পাঠ শুনি বাবৰৰ মুখমণ্ডলত কৃতজ্ঞতা ও শোকৰ মিশ্রিত অভিব্যক্তি ফুটি উঠিল। সপ্রশংস দৃষ্টিত তেওঁ সমবেত আটাইলৈ দৃষ্টি প্ৰসাৰিত কৰিলে। তেওঁৰ চকুযুৰি কৃতজ্ঞতাত চলচলীয়া হৈ উঠিল। চকুপানী লুকোৱাবলৈ তেওঁ তলমুৰ কৰিলে

    খোদাবন্দ হুকুমৰ মালিক। খাজা আবদুল্যাই গুৰু-গম্ভীৰ কণ্ঠত ক'বলৈ ধৰিলেমৃত বাদচাহৰ দক্ষতা ও মর্যদা অনুসৰিয়ে যথাযোগ্য সন্মান প্ৰদৰ্শন কৰি আখচীত তেওঁৰ শেষকৃত্য সমাপন কৰা হৈছে। আমাৰ দুর্ভাগ্য যে আমি সেই অনুষ্ঠানত যোগদান কৰিব নোৱাৰিলোঁ ৷ তাতোকৈ দুর্ভাগ্য যে আমি মৃত বাদচাহৰ কাৰণে শোক-তাপ প্ৰকাশ কৰাৰ পৰাও বৰ্তমান বঞ্চিত হ'বলগীয়া হৈছে। বৰ্তমান আমাৰ মাজত এক বিপদসংকুল সন্ধিক্ষণ উপস্থিত৷ শত্ৰু আহি প্ৰায় আন্দিজানৰ দুৱাৰমুখ পাইছেহি। গতিকে শত্ৰুৰ লগত মোকাবিলা কৰাৰ এক গধুৰ দায়িত্ব আহি পৰিছে আমাৰ ওপৰতগতিকে আমি পলম নকৰি আমাৰ নৱনিযুক্ত বাদচাহৰ হাতত শাসনৰ বাঘডোৰ ন্যস্ত কৰা উচিত ।

    পোন প্রথমত ইয়াকুব বেগে খাজা আবদুল্যাৰ প্ৰস্তাৱটো সমৰ্থন কৰি ক'লেআপুনি একেবাৰে যথোপযুক্ত সিদ্ধান্ত লৈছে, মৌলানা চাহাব। আমি এতিয়া এই মুহূর্ততে মির্জা জহিৰুদ্দিন বাবৰক ফাৰগানাৰ ন্যায়সংগত বাদচাহ হিচাপে স্বীকৃতি দিয়া উচিত।

    বাবৰে তীক্ষ্ণ অনুসন্ধিৎসু দৃষ্টিত ইয়াকুব বেগৰ ফালে চালে। ইয়াকুব বেগৰ কোমল আন্তৰিকতাপূর্ণ কণ্ঠস্বৰ, আনুগত্য প্রকাশৰ ভংগী, শান্তশিষ্ট সমাহিত মুখমণ্ডল, সন্মুখৰ ভঙা দাঁত দুটাৰ ফাঁকেৰে উজলি উঠা হাঁহিৰ ৰেখা, উৎকণ্ঠা আদিলৈ লক্ষ্য কৰি বাবৰৰ হৃদয়খন প্রশান্তিত ভৰি পৰিলইয়াকুব বেগ মোগল বেগসকলৰ মাজত আটাইতকৈ প্ৰভাৱশালী বেগ বুলি আটাইৰে ওচৰত পৰিচিত। বাবৰে দেখা সপোনবোৰৰ ভিতৰত আটাইতকৈ প্রিয় সপোন আছিল, পিতাকৰ সিংহাসনত অধিষ্ঠিত হৈ সকলো সেনানায়কৰ ওপৰত নেতৃত্ব আৰু এজন প্ৰকৃত মুছলমান যোদ্ধাৰ দৰে সমগ্র শক্তি প্রয়োগ কৰি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰা। বৰ্তমান পিতাকৰ অনুপস্থিতিত তেওঁৰ সেই সপোন ফলপ্রসূ কৰাৰ উপযুক্ত ক্ষণ সমাগত। ইয়াকুব বেগৰ এইষাৰ কথাই তেওঁৰ মনত বল আৰু সাহসৰ সঞ্চাৰ কৰিলে। উদ্যম আৰু সাহসৰ লগতে তেওঁৰ হৃদয়ত সঞ্চাৰিত হ'ল অদম্য উচ্চাকাংক্ষা

    ইয়াকুব বেগৰ পাছত অন্যান্য সেনানায়ক সকলেও এজনৰ পাছত এজনে বাবৰক বাদচাহ হিচাপে স্বীকৃতি দিলে। বাবৰৰ সপোনসমূহ ভাদমহীয়া কলা ডাৱৰৰ পৰা মুক্ত হৈ পূৰ্ণিমাৰ জোনৰ দৰে প্ৰস্ফুটিত হৈ উঠিল। এক অনাবিল আনন্দ উচ্ছ্বাসত তেওঁৰ দেহ-মন ভৰি পৰিল। ষড়যন্ত্ৰকাৰী সকলৰ কাৰণে তেওঁ যি মানসিক আৰু শাৰীৰিক দুর্ভোগ ভুগিবলগীয়া হ'ল সেই সকলো দুখ-কষ্ট যেন শীতৰ কুঁৱলিৰ দৰে ক'ৰবাত বিলীন হৈ গ'ল। ভবিষ্যতে তেওঁ এজন শক্তিশালী শাসকৰূপে প্রতিষ্ঠিত হ'আটায়ে তেওঁৰ আদেশ নির্বিবাদে পালন কৰিব এই কথা ভাবোঁতেই এক গভীৰ প্ৰশান্তিত তেওঁৰ দেহ-মন ভৰি পৰিল ।

    বাবৰে সৰুৰে পৰাই নিজকে এজন দক্ষ প্ৰভাৱশালী সেনাধ্যক্ষ হিচাপে ভাবি ভাল পাইছিল। তেওঁৰ প্ৰপিতামহ তৈমূৰৰ ক্ৰুৰতাৰ বিষয় তেওঁ অৱগত আছিল; কিন্তু প্রপিতামহৰ দৰে নিষ্ঠুৰ হোৱাৰ ইচ্ছা তেওঁৰ নাছিল । প্রজা সাধাৰণৰ মনত ক্ষত চিহ্ন সৃষ্টি কৰা উচিত নহয় বুলি তেওঁ উপলব্ধি কৰিছিল সৰুৰে পৰাই। তেওঁ পূৰ্ব পুৰুষৰ দৰে ক্ৰুৰতা প্ৰদৰ্শন কৰিব নিবিচাৰে তেওঁ যুদ্ধত মহান বিজয় সাব্যস্ত কৰিবলৈহে বিচাৰে। তেওঁ অত্যধিক ইচ্ছা শক্তিৰ জৰিয়তে প্ৰভাৱশালী হিচাপে সুনাম অৰ্জন কৰিব বিচাৰে। তেওঁ স্বেচ্ছাচাৰী শক্তিৰ বিৰুদ্ধে মহান বিজয় সাব্যস্ত কৰিব বিচাৰে নিজৰ বল-বিক্ৰমৰ জৰিয়তে। যিবোৰ দেখি স্বেচ্ছাচাৰি শক্তিসমূহ আতংকত কঁপি উঠিব।

    এইবোৰ কল্পনাত বিভোৰ হৈ থাকোঁতেই চহৰ দাৰোগা উজ্জন হোছেন দৰবাৰ কক্ষত প্ৰবেশ কৰি মূৰ দোঁৱাই অভিবাদন জনাই ক্ষমা খোজাৰ ভংগীত মূৰ দোঁৱাই আৰম্ভ কৰিলেজাহাপনা, আপোনাৰ গোলামে কৰ্তব্যৰ হেঁচাত সময়মতে আপোনাক আদৰণি জনাবলৈ আহিব পৰা নাই। তাৰ কাৰণে অধীনক কৃপা কৰকআন্দিজানত বৰ্তমান কিছুমান মিছা উৰাবাতৰি প্ৰচাৰ হৈ আছে। ম‍ই সেই উদণ্ড বিদ্ৰোহীবোৰক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ব্যস্ত হৈ আছিলোঁ। এইমাত্র সিহঁতৰ এজনক গ্ৰেপ্তাৰ কৰি লৈ আহিলোঁ ।

    আটাইৰে চকু গ'ল দৰজাৰ ফালে। উৎকণ্ঠাত ইয়াকুব বেগৰ মুখমণ্ডল তেজ শূন্য হৈ পৰিলইমান সময়ৰ প্ৰদীপ্ত মুখমণ্ডলত প্ৰকট হৈ উঠিল দুশ্চিন্তাৰ প্রচ্ছায়া। চহৰ দাৰোগাই আহম্মদ তনৱালক গ্ৰেপ্তাৰ কৰিলে নেকি? আহম্মদ তনৱালক গ্ৰেপ্তাৰ কৰিলে সকলো কথা প্ৰকাশ হৈ পৰিব। সি নিজেও তেতিয়া গ্ৰেপ্তাৰ হ'ব লাগিব। হে আল্লাহ! এতিয়া উপায়? 

            ইয়াকুব বেগ ভয়-বিহ্বল হৈ দেৱালত থকা খিড়িকিবোৰলৈ চকু ফুৰাবলৈ ধৰিলে; কিন্তু খিড়িকিবোৰ তেনেই সৰু। এজন মানুহ অহা-যোৱাৰ কাৰণে তেনেই অনুপযুক্ত। তদুপৰি তাৰ পৰা বহু দূৰৈতো। খিড়িকিৰ কাষত আকৌ বহি আছে থুলথুল নামৰ বেগ এজন। থুলথুল বেগ দেখাতো থুলথুল। তদুপৰি প্ৰচণ্ড বলশালী। তাক অতিক্ৰম কৰি খিড়িকিৰ মাজেৰে পাৰহৈ প্ৰাণ লৈ পলাই যোৱাটো তেনেই অসম্ভৱ। আসন্ন মৃত্যু ভয়ত সি লেউসেউ হৈ পৰিল।

    ইয়াকুব বেগে এইবোৰ কথা ভাবি থাকোঁতেই দুৱাৰৰ সিপাৰৰ পৰা গুৰু গম্ভীৰ উত্তেজিত কণ্ঠস্বৰ ভাঁহি আহিল- মোৰ হাতৰ বান্ধ মোকলাই দিয়ক, মই সম্পূর্ণ নির্দোষ।

    আল্লাহক ধন্যবাদ। ইয়াকুব বেগে মনে মনে কৈ উঠিলসেইয়া আহম্মদ তনৱালৰ কণ্ঠস্বৰ নহয়৷

    খন্তেক পাছত এজন শকত-আৱত ওখ মানুহক লৈ দুজন চিপাহী দৰবাৰ কক্ষৰ ভিতৰলৈ সোমাই আহিল। মানুহজনে সূতাৰ দীঘল ঢিলাচোলা পিন্ধি আছিল আৰু তাৰ হাত দুখন পিঠিৰফালে বন্ধা আছিল ।

    এইয়া দেখোন দৰবেশ গোব! ইয়াকুব বেগ আৰু অন্যান্য সকলে সমবেত কণ্ঠত কৈ উঠিল।

    দৰবেশ গোব আন্দিজানৰ ভিস্তিৱালা (পানী বিতৰণকাৰী বিষয়া সকলৰ মুখিয়াল) বিষয়াতাৰ আহল-বহল ডিঙি ষাঁড়ৰ দৰে সন্মুখৰফালে ওলাই থকা বাবে তাক আটায়ে গোব অর্থাৎ ষাঁড় বুলি মাতে। তাক আটায়ে দুখীয়াৰ বন্ধু বুলিও জানে। ধনী মুখিয়াল ব্যক্তি এজনতকৈ সি দুখীয়া ব্যক্তি এজনকহে বেছি গুৰুত্ব দিয়ে। আল্লাহ তায়ালা দুখীয়াৰ ওপৰত অধিক দয়াশীল বুলি সি প্রকাশ্যে কৈ থাকে ৷ প্রয়োজন হ'লে সি দুখীয়াৰ হৈ মাতো মাতে পাৰেমানে৷

    খৰালিত বহুকেইটা বাগিচাত পানী সিঞ্চন কৰিবলগা হয়ফলত তেতিয়া পানীৰ নাটনিয়ে দেখা দিয়ে । তেতিয়া বহুতো সম্ভ্রান্তলোকে দুখীয়াৰ পানীৰ লাইনৰ পৰা পানী উলিয়াই নিয়াৰ চেষ্টা কৰে ৷ একমাত্ৰ দৰবেশ গোবেই তেতিয়া দুখীয়াসকলৰ পক্ষত থিয় দি প্ৰতিবাদ কৰি কয়আপোনালোক সম্ভ্রান্তসকলে মাথোন নিজৰ কথাহে বেছিকৈ চিন্তা কৰে; কিন্তু এটা কথা জানিব, আল্লাহৰ চকুত ধনী-দুখীয়া সকলো সমান ।

    মাথোন প্ৰতিবাদ কৰাই নহয়, দৰবেশ গোবে অহোপুৰুষাৰ্থ কৰি এই দুর্নীতি বন্ধ কৰিও দিছে বৰ্তমানফলত দুখীয়াসকলে তাক মনে-প্রাণে ভাল পায় আৰু প্রকাশ্যে সমর্থনো কৰে। এই কাৰ্যৰ ফলত সম্ভ্রান্তসকলে প্রকাশ্যে একো মন্তব্য নকৰিলেও পেটে পেটে গোবক ঘৃণা কৰে। বিশেষকৈ উজ্জন হোছেনে তাক বহু দিনৰপৰাই মনে মনে বেয়া পায় এই কাৰ্যৰ ফলত ।

    দৰবেশ গোবৰ দুহাত পিঠিৰ ফালে বন্ধা আছিল সি প্ৰথমত বাবৰৰ ফালে মূৰ দোঁৱাই পাছত খাজা আবদুল্যাৰ ফালে মূৰ দোঁৱালে

    বিচাৰ কৰক জাহাপনা, বিচাৰ কৰক। দৰবেশ গোবে মূৰ দোঁৱাই আত্মসন্মান সহকাৰে ক'বলৈ ধৰিলেমই বিদ্রোহী নহওঁ, জাহাপনাবজাৰত এজন চিপাহীয়ে মোক সুধিলেহেৰা, শুনিছানে গোব, বাদচাহ ওমৰ শ্বেখ হেনো নিচা খাই মাতাল হৈ নৈৰ গৰাৰপৰা পৰি মৰিছে আৰু মির্জা বাবৰ হেনো শত্ৰুৰ ভয়ত আলতাউলৈ পলাই গৈছে?

    এইবোৰ একেবাৰে মিছা কথা। বাবৰ বাৰুদৰ দৰে জ্বলি উঠিল।

    এইয়া যে মিছা, তাৰ সন্ধান মই পাছতহে পাইছোঁ জাহাপনা । ম‍ই চিপাহীজনৰপৰা শুনা কথা কাকো কোৱা নাছিলোঁ। জাহাপনা, মোৰ প্ৰতি কৃপা কৰক। দৰবেশ গোব দুই তিনি হাতমান আগুৱাই আহি আঁঠুকাঢ়ি বহি ক'লেমই নিজেও জানো এইবোৰ ভিত্তিহীন মিছা কথাজাহাপনা, আপোনাৰ মুখমণ্ডলত কুটিলতাৰ লেশমাত্র নাই। ফুলৰদৰেই আপোনাৰ মুখমণ্ডল পৱিত্ৰ৷ আপোনাৰ মুখমণ্ডল আত্মগর্বীসকলৰ দৰে কেতিয়াও নহয়। বজাৰত যেতিয়া লৰা-ঢপৰা লাগি দোকান-পোহাৰ বন্ধ হ'বলৈ ধৰিলে, ম‍ই স্বীকাৰ কৰোঁ, তেতিয়া ম‍ই ভয়-বিহ্বল হৈ পৰিছিলোঁ। সেই বুলি মই উৰা বাতৰি প্ৰচাৰ কৰা নাছিলোঁকৌতূহল নিবাৰণৰ কাৰণে মাথোন মই এজন মানুহক সুধিছিলোঁহেৰা, তুমি শুনিছানে মানুহবোৰে কি কৈ আছে? মানুহজনে মাথোন কৈছিলহয়, শুনিছোঁমই পুনৰ সুধিছিলোঁএইয়া সঁচা নেকি? ঠিক তেতিয়াই দাৰোগাৰ গুপ্তচৰসকলে মোক গ্ৰেপ্তাৰ কৰিলে ৷

    নাই নাই তই মিছা কথা কৈছ। উজ্জন হোছেনে দৃঢ়কণ্ঠত প্রতিবাদ কৰি ক'লেতই মাথোন সোধা বুলি কৈছ; কিন্তু তই মাথোন সোধাই নাই প্ৰচাৰো কৰি আছিলি ।

    মোক কোৰআন শ্বৰীফ দিয়কপৱিত্ৰ কোৰআনৰ শপত লৈ মই উৰা বাতৰি প্ৰচাৰ কৰা নাই বুলি ক'

    অপৰাধীয়ে কৈছে তাক কোৰআন শ্বৰীফ দিয়া হওঁকবাবৰৰ ফালে চাই ইয়াকুব বেগ চিঞৰি উঠিলজাহাঁপনা, এই অপৱিত্ৰ আপোনাৰ বিশ্বাসী ভৃত্য হোৱা হ'লে ই নিশ্চয় উৰাবাতৰি প্ৰচাৰ কৰা চিপাহীজনক ধৰি চহৰ দাৰোগাক গতাই দিলেহেঁতেনই নিশ্চয় অপৰাধী। ইয়ে উৰা বাতৰি প্ৰচাৰ কৰি মানুহবোৰক বিভ্ৰান্ত কৰিছে।

    ইয়া আল্লাহ! দৰবেশ গোবৰ মুখৰপৰা মাথোন এটাই শব্দ বাহিৰ হ'

    ইয়াকুব বেগে বাবৰৰ ফালে চাই দুপাৰি ভঙা দাঁত নিকটাই ক'লেজাহাঁপনা আপোনাৰ পিতাকে এই পাপীক অনুগ্রহ কৰি ভিস্তিৱালাৰ বাব দিছিলএই পাপীয়ে সেই গৰাকী পূণ্যাত্মা মৃত বাদচাহৰ প্ৰতি অপমানজনক বাতৰি প্ৰচাৰ  কৰিছে। এই পাপীৰ ওপৰত গজব বৰ্ষিত হওঁক। জাহাপনা, মই পুনৰ ডাঠি কৈছোঁ, ইয়েই মিছা বাতৰি প্ৰচাৰ কৰিছিল ৷ আমালোকৰ পূণ্যাত্মা বাদচাহক আল্লাহই বেহেস্ত নচিব কৰক ৷ চৰাপৰ নিচাত মাতাল হৈ নদীত পৰি মৰিছে। আঃ কেনে ঘৃণনীয় কথা!

    ইয়াকুব বেগে এইদৰে কৈয়ে বাবৰৰ ফালে চালে। বাবৰৰ ক্লান্ত নির্বোধ দৃষ্টি কৌতুক আৰু কৌতূহলত আচ্ছন্ন। শৰতৰ স্বৰ্ণময় কাৰুকাৰ্যখচিত আকাশৰ বুকুত ভাহি ফুৰা শুকুলা ডাৱৰৰ দৰে নির্বোধ কৌতুকাচ্ছন্ন দৃষ্টিৰ অন্তৰালত প্রচ্ছন্ন হৈ আছিল অপমানৰ গ্লানি আৰু খঙৰ অভিব্যক্তি। ইয়াকুব বেগে ভাবিলে এইজন কোমলমতীয়া ল'ৰাক প্ৰৱঞ্চনা নকৰিনো কৰিব কাক? আশা ভৰা দৃষ্টিৰে সি বাবৰৰ ফালে চাই বাবৰৰ প্ৰতিক্ৰিয়া জানিবলৈ উদ্বিগ্ন হৈ উঠিল।

    এওঁ নিজেই মিছা বাতৰি প্ৰচাৰ কৰিছে বুলি স্বীকাৰ কৰিছে। এজনক সোধা আৰু কোৱাৰ মাজতনো পার্থক্য কি? মজিদ বেগে আক্ষেপৰ সুৰত ক'লে ।

    মিছা বাতৰি প্ৰচাৰ কৰি থকা অৱস্থাত যেহেতু হাতে-লোটে ধৰা পৰিছে গতিকে ই শাস্তি পোৱাই উচিত। আলী দোস্ত বেগেও কথাটোত সমর্থন জনালে

    কাশিম বেগে মনে মনে বহি আটাইৰে কথা-বতৰা মনোযোগেৰে শুনি আছিলকিয় জানো হঠাৎ তেওঁৰ শ্বেৰিম বেগে কোৱা পাৰ চৰাইৰ কথা মনত পৰি গ'ল। তেওঁৰ অনুমান হ', সেই ৰহস্যময় পাৰ চৰাইটোৰ লগত অলপ আগতে ঘটি যোৱা ঘটনাবোৰৰ নিশ্চয় কোনো দূৰাভিসন্ধিমূলক যোগসূত্র আছে। সেয়ে কাশিম বেগে মৌনতা ভংগ কৰি প্ৰস্তাৱ আগবঢ়ালেএই ঘটনাৰ পুনৰ অনুসন্ধান কৰিলে কেনে হয়, জাহাঁপনা ?

    মজিদ বেগে কাশিম বেগৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি ক'লেদীঘলীয়া অনুসন্ধান চলোৱাৰ কাৰণে আমাৰ ওচৰত সময় ক? শত্ৰু আহি দুৱাৰডলি পাইছেহি। এনেকুৱা পৰিস্থিতিত অনুসন্ধানৰ নামত সময় অপচয় কৰাটো মুঠেই উচিত নহ'ব। তদুপৰি যুদ্ধৰ সময়ত উৰাবাতৰি প্ৰচাৰ কৰি হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰা, শাসকৰ বিৰুদ্ধে সন্মান হানিকৰ মন্তব্য কৰা মানুহবোৰক দেশৰ শত্ৰু বুলি গণ্য কৰা হয়। এনেকুৱা দেশদ্রোহীৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন কৰাটো মুঠেই উচিত নহয়

    বেলেগক শাসন কৰাৰ কাৰণে এওঁক সাধাৰণ শাস্তি বিহা হওঁকউজ্জন হোছেনে মাজতে পৰামৰ্শ আগবঢ়ালে।

    সাধাৰণ শাস্তিৰ কথা শুনি দৰবেশ গোবৰ মুখমণ্ডলত মৃত্যুৰ ছাঁ বিয়পি পৰিলকাৰণ তেতিয়াৰ দিনত সাধাৰণ শাস্তিৰ অৰ্থ আছিল মৃত্যুদণ্ড। সি আঁঠুৰ ওপৰত ভৰ কৰি চুঁচৰি চুঁচৰি বাবৰৰ কিছু ওচৰলৈ আহি বাষ্পাৰুদ্ধ কণ্ঠত মিনতি জনালে জাহাঁপনা, মই অপৰাধী নহওঁম‍ই অপৰাধীৰ ৰোষৰ চিকাৰহে হৈছো ৷ মোৰ প্ৰতি দয়া কৰক, জাহাঁপনামোৰ পাঁচটা ল'ৰা-ছোৱালী, সিহঁতক আশ্রয়হীন নকৰিব।

    দৰবেশ গোবৰ দুহাত পিঠিৰফালে বন্ধা আছিল আৰু দুচকুৰপৰা লোতক নিগৰি পকা দাঢ়িৰ ওপৰেদি বাগৰি আহি মাটিত পৰি আছিল

    বয়সিয়াল মানুহ এজনৰ চকুত চকুপানী দেখি বাবৰৰ খং, অপমান, আক্ষেপ কৰ্পূৰৰ দৰে উৰি গ'ল। সুগভীৰ মমতাত তেওঁৰ মুখমণ্ডল আচ্ছন্ন হৈ পৰিল। তেওঁ খাজা আবদুল্যাৰ ফালে প্ৰশ্নবোধক দৃষ্টিত চালে । চকুৰ দৃষ্টিৰে তেওঁ খাজা আবদুল্যাৰ মুখৰপৰা দুখীয়াক দয়া কৰক' এই কথাষাৰ কোৱাৰ বাবে যেন আবেদন জনাই আছিল।

    কিন্তু খাজা আবদুল্যাই বাবৰৰ দৃষ্টিৰ অৰ্থ বুজিও নুবুজাৰ ভাও জুৰি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মৌনতা অৱলম্বন কৰিলে

    ইফালে বেগসকলে নিজৰ মতত অচল-অটল হৈ দৰবেশ গোবৰ মৃত্যুদণ্ডৰ বাবে আবেদন জনাবলৈ ধৰিলে ।

    যিজন মানুহৰ পাঁচটা ল'ৰা-ছোৱালী সি ভাবি-চিন্তি কথা কোৱা উচিত। ইয়াকুব বেগে তিৰস্কাৰৰ সুৰত ক'লে।

    দৰবেশ গোব আচলতে বিদ্ৰোহীসকলৰ নেতা। উজ্জন হোছেনে হাত নচুৱাই নচুৱাই ক'বলৈ ধৰিলেযিজন চিপাহীয়ে মৃত বাদচাহৰ বিৰুদ্ধে অপমানজনক কথা প্ৰচাৰ কৰি আছিল, এওঁ তাৰ দাঁত দুপাৰি ভাঙি দিয়াটো উচিত আছিলৰহুম বাদচাহ নিচাত মতলীয়া হৈ নদীত পৰি মৰিছে! ই কেনে ঘৃণনীয় কথা! এই অপবাদ যিজন চিপাহীয়ে প্ৰচাৰ কৰি আছিল তাক ধৰি বান্ধি এওঁ আমাৰ ওচৰলৈ নানিলে কিয় ?

    নিবিড় ৰাতিৰ ছাঁৰ দৰে মৃত্যুৰ প্ৰগাঢ় ছাঁৰ অভিব্যক্তি ফুটি উঠিল দৰবেশ গোবৰ মুখমণ্ডলতচৰম বিপৰ্যায়ৰ অশুভ সংকেতত সি নিৰুদ্ধ ক্ষোভ অপমানত উত্তেজিত হৈ উঠিল। আবেগ বিগলিত কণ্ঠত সি কৰুণ আবেদন জনালে মোৰ বাদচাহ। বিচাৰ কৰক। ম‍ই আপোনাৰ পিতাকৰ আজ্ঞাধীন ভৃত্য। আপুনি এই বেগ ( এটা গোটৰ সেনা নায়ক) সকলক এতিয়াও চিনিব পৰা নাই । ইহঁতে মোৰ ওপৰত প্ৰতিশোধ লৈ আছে। দুখীয়াৰ হৈ মই এওঁলোকৰ বিৰুদ্ধে মাত মাতো বুলি ইহঁতৰ মোৰ ওপৰত আক্রোশ। ইহঁতক বিশ্বাস নকৰিব, জাহাঁপনা । এই বেগসকলৰ বাহিৰে আন্দিজানৰ প্ৰতিজন মানুহক মোৰ চৰিত্ৰৰ বিষয়ে সোধকসকলো বিশ্বাসী মানুহেই মোক জানে। মই নির্দোষ জাহাঁপনা......

    গোবৰ এই কাতৰ কণ্ঠৰ আবেদন বেগসকলৰ চিঞৰ-বাখৰৰ মাজত তল পৰি গ'ল । অৰণ্যৰোদনলৈ পৰ্যবসিত হ'ল তাৰ হিয়াভগা কাতৰ মিনতি।

    নিজৰ আসনৰপৰা উঠি কুঁজা হৈ থিয় দি আলীদোস্ত বেগ অভিযোগ ভৰা কণ্ঠত আস্ফালন কৰি উঠিলবেগসকল বেইমান, শুনিলেনে জাহাঁপনা? আপুনি দেখিলেনে কেনে কপট অন্তৰৰ মানুহ এই দৰবেশ গোব?

    ইয়াকুব বেগে বাবৰৰ উদ্দেশ্যে মুৰ দোঁৱাই ভাটৌৰদৰে মুখস্থ মাতি যাবলৈ ধৰিলেএই দৰবেশ গোব মাথোন দেশৰে শত্ৰু নহয়, ৰাজপৰিয়াল আৰু সম্ভ্ৰান্ত ব্যক্তি সকলৰো শত্ৰু। এওঁ বেগসকলৰ বিৰুদ্ধে সাধাৰণ জনতাক উচটাই পক্ষান্তরে দেশখন শত্ৰুৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰি আছিলএওঁ দেশৰ, দহৰ আৰু জাতিৰ শত্ৰু ।

    এওঁৰ মনোভাব খুবেই বেয়া। উজ্জন হোছেনে ঘৃণাত ভ্ৰূযোৰ কোঁচাই কলে।

    বাবৰে নিৰ্বিকাৰভাবে উজ্জন হোছেনলৈ চালে। বাবৰৰ নিৰ্বিকাৰ ভাৱ-দেখি উজ্জন হোছেন উৎসাহিত হৈ উঠিল। দৰবেশ গোবক লৈ অহা চিপাহী দুজনলৈ উদ্দেশ্য কৰি সি পুনৰ চিঞৰিলেবহুত হৈছে। এওঁক এতিয়া ইয়াৰপৰা সোনকালে লৈ যোৱা

    আদেশ পোৱা মাত্ৰে চিপাহী দুজনে বাজপখীৰ দৰে আহি দৰবেশ গোবৰ দুই কাষলতিৰ তলেদি হাত দি দাঙি ঠেলা-গোতা মাৰি দৰজাৰ ফালে চোঁচৰাই লৈ গ'

    যোৱাৰ সময়ত নিৰুদ্ধ আক্রোশত দৰবেশ গোবে চিঞৰি চিঞৰি কৈ গমই নির্দোষ জাহাঁপনামই সম্পূর্ণ নিৰ্দোষ। মোৰ সন্তানকেইটাৰ হা-হুমুনিয়াই এই আত্মগর্বী বেগসকলৰ ধ্বংস মাতি আনিব। মোৰ নিৰ্দোষ তেজে সিহঁতৰ সৰ্বনাশ কৰিব৷

    দৰবেশ গোবৰ ক্ষুব্ধ আক্রোশ ভৰা কণ্ঠস্বৰে আকাশ-বতাহ কঁপাই তুলিলেলাহে লাহে তাৰ ক্রুদ্ধ-কৰুণ কণ্ঠস্বৰ খীণৰপৰা খীণতৰ হৈ ইথাৰৰ লগত মিলি গ'ল৷

    কিন্তু দৰবেশ গোবৰ অভিযোগ ভৰা অভিশাপ বাবৰৰ হৃদয়ত কাঁইটৰ দৰে বিন্ধিবলৈ ধৰিলে। দৰবেশ গোবৰ কৰুণ বিষণ্ণ মুখমণ্ডলৰ কথা চিন্তা কৰি তেওঁৰ হৃদয় ক্ষত-বিক্ষত হ'বলৈ ধৰিলে।

    বাবৰৰ মনত পৰি গ', ৰাতিপুৱাৰ পৰা বৰ্তমানলৈ সংঘটিত হোৱা ঘটনা সমূহলৈৰাতিপুৱাৰপৰা দুপৰীয়ালৈকে তেওঁৰ মনত কোনো আশংকা বা ভয় লেশ নাছিলৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে তেওঁ শায়েৰ (কবি) আলীশ্বেৰ নবাইৰ ফটোলৈ চাই তেওঁৰ দৰে বিখ্যাত ও মহান কবি হোৱাৰ মিঠা সপোনত মশগুল হৈ আছিল। তেওঁৰ অনুমান হ'ল সেইবোৰ ঘটনা যেন অতীত হৈ গৈছে। দুপৰীয়ালৈকে তেওঁৰ হৃদয় যেন নিৰ্মল হৈ আছিল। কোনো পাপ বা শংকাৰ লেশমানো নাছিল তেওঁৰ হৃদয়তহৃদয়খন যেন ৰৌদ্রস্নাত নিৰ্মল আকাশৰ দৰে উদ্ভাসিত হৈ আছিলহঠাৎ ক'ৰবাৰপৰা এজাক ডাৱৰ আহি যেন তেওঁৰ হৃদয়াকাশ আৱৰি ধৰিছে।

    কিন্তু নির্মেঘ আকাশত হঠাৎ কলা ডাৱৰ ক'ৰপৰা আহি উদয় হ'? দৰবেশ গোবৰ মৃত্যুদণ্ডৰ বাবে আবেদন জনোৱা বেগসকলক বাবৰৰ মনত গৰ্জনৰত কলা ডাৱৰৰ দৰে অনুমান হ'ল। দয়া-মমতাহীন বা-মাৰলী আৰু ঘোপমৰা নিৰন্ধ্ৰ এন্ধাৰে যেন অক্টোপাছৰ দৰে হাঁতোৰাৰ মাজত সুমুৱাই তেওঁক নিষ্পেষণ কৰিবলৈ ধৰিলে। তেওঁৰ উশাহ-নিশাহ সেই হিংস্ৰ নিষ্পেষণৰ ফলত যেন বন্ধ হোৱাৰ উপক্ৰম হ'সিংহাসন আৰু ৰাজমুকুট যেন দৰবেশ গোবৰ দৰে নিৰীহলোকৰ তেজৰ বাবে লালায়িত। এক অজান শংকাই বাবৰৰ হৃদয় নির্মমভাবে থকা-সৰকা কৰিবলৈ ধৰিলে

    ইফালে বেগসকলৰ আবেদন প্ৰেতৰ উল্লাসৰ দৰে ধ্বনিত প্রতিধ্বনিত হ'বলৈ ধৰিলেএই অপৱিত্ৰক শিৰশ্ছেদ কৰা হওঁক! মৃত্যুদণ্ড দিয়া হওঁক! আমি দৰবেশ গোবৰ মৃত্যুদণ্ড কামনা কৰোঁ

    বাবৰৰ চকুত তেতিয়াও দৰবেশ গোবৰ শ্বেত দাঢ়িৰ ওপৰেদি টপ্‌প্‌কৈ নিগৰিপৰা চকুলোৰ দৃশ্য জিলিকি আছিলবাবৰে ভাবিবলৈ ধৰিলেসতেজ, সুস্থ, সবল মানুহ এজনক প্রাণহীন মাংস পিণ্ডলৈ মাথোন এটা দোষৰ বাবে পৰিণত কৰাটো উচিত হ'ব নেকি? উচিত হবনে তাক হত্যা কৰিবলৈ আদেশ দিয়াটো ? দৰবেশ গোবৰ প্ৰতি বেগ সকলৰ এই আক্রোশমূলক মনোভাবৰ কাৰণ কি ? বেগ সকলে তেওঁক প্ৰৱঞ্চনা কৰা নাইতো ? এই বেগ সকলৰে কোনোবা এজনে পিতাকক ঠেলামাৰি নদীত পেলাই দিয়া নাইতো? এই বেগ সকলেই আজি অথবা কাইলৈ তেওঁকো হত্যা নকৰেতো? এইদৰে এশ এবুৰি প্ৰশ্নই বাবৰৰ উপলব্ধিত ভুমুকি মাৰিবলৈ ধৰিলে।

    ওস্তাদ! বাবৰে উৎকণ্ঠিত কণ্ঠত খাজা আবদুল্যাক সম্বোধন কৰিলে।

    খাজা আবদুল্যাই বাবৰৰ মনোভাব উপলব্ধি কৰিব পাৰি কাণৰ গুৰিলৈ মুখ আনি ফুচফুচাই ক'লেআপুনি কঠোৰ হৈ থাকক জাহাঁপনা ৷

    কি কৰোঁ কওঁক? বাবৰে উৎকণ্ঠিতভাবে ফুচফুচাই সমিধান বিচাৰিলে৷ দণ্ডাদেশ শুনাওঁক!

    আপুনিও তাকে কৰাটো বিচাৰে নেকি? বাবৰৰ কণ্ঠত বিস্মিত সংশয়

    আন্দিজান তথা সমগ্ৰ ফাৰগানাৰ ভাগ্য য'ত নিহিত হৈ আছে, ত দৰবেশ গোবৰ দৰে মানুহৰ কি মূল্য আছে? খাজা আবদুল্যাই উপদেশৰ সুৰত ফুচফুচাই কলে- এই সংকটময় মুহূৰ্তত বেগসকলৰ বিৰুদ্ধে যোৱাটো উচিত নহ'ব। হুকুম দিয়ক- মৃত্যুদণ্ডৰ আদেশ দিয়ক

    খাজা আবদুল্যাৰ পৰামৰ্শ অনুসৰি সম্পূৰ্ণ অনিচ্ছা সত্বেও বাবৰে দৰবেশ গোবক মৃত্যুদণ্ডৰ আদেশ দিলে৷

    পাছদিনা ঢোল-নাগাৰাৰ শব্দৰ মাজত দৰবেশ গোবৰ মৃত্যুদণ্ড কার্যকৰী কৰা হ'ল।

    ঠিক সিদিনাই আন্ধাৰ হোৱাৰ লগে লগে আহম্মদ তনৱাল মনে মনে আখচীৰ ফালে ৰাওনা হৈ গ'ল।

    উশ্বৰ আশে-পাশে থকা সেউজ শ্যামল সমতল প্ৰান্তৰসমূহ হঠাৎ মুখৰ হৈ উঠিল। নৈঃশব্দৰ মাজত শব্দৰ প্ৰকাশত প্ৰাণৰ সঞ্চাৰ হৈ অচল প্ৰান্তৰ সচল হৈ উঠিল ৷ মানুহৰ লৰা-ঢপৰা, কলৰৱত মুখৰ হৈ উঠিল সমগ্ৰ প্ৰান্তৰনিৰ্জীৱ জড় যেন হঠাৎ প্ৰাণ পাই সজীৱ হৈ উঠিল।

            আন্দিজানৰ পৰা জাকজমক অলেখ চাউনিৰ সৰঞ্জাম, আচবাব উটৰ পিঠিত বোজাই দি বুৰাতানৰ পাদদেশলৈ অনা হ'কুলুকুলু সুৰে বৈ যোৱা জান্নাত-আৰীক নদীৰ তীৰত সেইবোৰ আচবাব-সৰঞ্জামেৰে চালে চকু ৰোৱা সুদৃশ্য ছাউনী স্থাপন হ'বলৈ ধৰিলেবুৰাস্বায়ৰ পাৰতো শ‍ই শ‍ই তম্বু দেখা যাবলৈ ধৰিলে৷ বুৰাতান পাহাৰৰপৰা পালে পালে দুম্বা আনি জবাই কৰি ডাঙৰ ডাঙৰ ডেগত সুস্বাদু ব্যঞ্জন ৰন্ধন হ'বলৈ ধৰিলেপ্ৰস্তুত হ'বলৈ ধৰিলে শিক কাবাববতাহত ভাহি ফুৰিবলৈ ধৰিলে তাৰ মলমলীয়া সুঘ্রাণ৷

            এই সকলো আয়োজন আছিল একমাত্র বাবৰৰ আগমন উপলক্ষে। অৱশেষত আকাংক্ষিত দিনটো আহিল৷ লগে লগে বাঢ়িল ব্যস্ততা,  উৎকণ্ঠা।

            মির্জা বাবৰৰ বাবে প্ৰতীক্ষাৰত মানুহবোৰৰ ভিতৰত বাস্তুবিদ্‌ ফজিলুদ্দিন আছিল অন্যতম। ফজিলুদ্দিন এজন সুদক্ষ বাস্তুবিদ তথা ভাস্কর্য শিল্পী। এজন দক্ষ চিত্ৰকৰ হিচাপেও প্ৰখ্যাত আছিল তেওঁ। সিদিনাৰ দিনটো আছিল ফজিলুদ্দিনৰ ভাগ্য নিৰ্ণয়ৰ দিন।

            ফজিলুদ্দিন আগতে আখচীত আছিলবাদচাহ ওমৰ শ্বেখৰ মৃত্যুৰ পাছত তেওঁ বাবৰৰ লগত সাক্ষাৎ কৰাৰ কাৰণে আন্দিজানলৈ আহিছিল৷ কিন্তু নিজৰ চতুৰালিৰে উজীৰ এ আজম পদত অধিষ্ঠিত হোৱা ইয়াকুব বেগে তেওঁক বাবৰৰ লগত সাক্ষাৎ কৰাৰপৰা বহুদিনলৈ বঞ্চিত কৰি ৰাখিছিল৷

            কেইমাহমান পাছতহে ফজিলুদ্দিনৰ বাবৰৰ লগত সাক্ষাৎ কৰাৰ অৱসৰ মিলে।

            ইয়াকুব বেগ বাবৰৰ উজীৰে এ আজম হ'লেও মনে মনে সি বাবৰক ভাল পোৱা নাছিল। সেয়ে সি অৱসৰ বুজি বাবৰৰ পৰিবৰ্তে মির্জা জাহাংগীৰক সিংহাসনত বহুৱাবলৈ ষড়যন্ত্ৰত লিপ্ত হৈ আছিল; কিন্তু কাশিম বেগৰ তৎপৰতাৰ ফলত সেই ষড়যন্ত্ৰৰ কথা সদৰি হৈ পৰে। ফলত প্ৰতিবিধানৰ ভয়ত ইয়াকুব বেগ আন্দিজানৰপৰা পলাই যায়; কিন্তু পলাই গৈ সি শেষ ৰক্ষা কৰিব নোৱাৰিলে। সি পলাই যোৱাৰ বাতৰি পাই কাশিম বেগৰ নেতৃত্বত এদল সেনাই তাৰ পশ্চাদধাৱন কৰে আৰু চিৰদৰিয়াৰ পাৰত হোৱা সন্মুখ সমৰত তাক নিহত কৰে

            ইয়াকুব বেগে বাবৰৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা আহম্মদ তনৱালেই প্ৰকাশ কৰি দিছিল৷ কাৰণ আহম্মদ তনৱাল আৰু ইয়াকুব বেগৰ মাজত ক্ষমতা দখলৰ প্ৰতিযোগিতালৈ মনোমালিন্য হৈছিল। সেই মনোমালিন্যই শেষত প্রতিহিংসাৰ ৰূপ লয় আৰু ইয়াকুব বেগৰ জীৱনাৱসান হয়৷

            ইয়াকুব বেগ নিহত হোৱাৰ পাছত কাশিম বেগ উজীৰে আজম পদত অধিষ্ঠিত হয়। কাশিম বেগে ফজিলুদ্দিনক বাবৰৰ লগত সাক্ষাৎ কৰাৰ অৱসৰ কৰি দিয়ে । প্ৰথম সাক্ষাততে বাবৰে তেওঁক বুৰাতান পাহাৰত উপাসনা গৃহ নিৰ্মাণৰ বাবে দায়িত্ব অর্পণ কৰে ৷

            বাদচাহ ওমৰ শ্বেখৰ ৰাজত্ব কালতো ফজিলুদ্দিনে বহু সৌধ নির্মাণ কৰিছিল। চেগা চেৰেকাকৈ লাগি থকা যুদ্ধ বিগ্ৰহৰ ফলত অৰ্থাৱভাবৰ কাৰণে বহু নিৰ্মাণ কাৰ্যৰ নক্সা প্রস্তুতৰ পাছতেই বন্ধ ৰাখিবলগীয়া হৈছিল। সেয়ে ফজিলুদ্দিনে বাবৰৰ লগত প্রথম দিন সাক্ষাৎ কৰাৰ সময়ত বাবৰে আক্ষেপ কৰি কৈছিলঅশুভ যুদ্ধই সকলো থানবান কৰি দিছিল। এতিয়া যুদ্ধ শাম কাটিছে, গতিকে আমি আব্বাজানৰ আধৰুৱা কাম পর্যায়ক্রমে সম্পন্ন কৰিব লাগিব।

            সেইদিনাই বাবৰে উশ্বৰ বুৰাতান পাহাৰৰ ওখ মালভূমিৰ ওপৰত এটা উপাসনা (মচ্‌জিদ) গৃহ নিৰ্মাণৰ বাবে ফজিলুদ্দিনক দায়িত্ব অর্পণ কৰিছিল ৷

            কেবা মাহজোৰা অক্লান্ত পৰিশ্ৰমৰ অন্তত ফজিলুদ্দিনে গৃহটো নিৰ্মাণ কৰি উলিয়াইছে। গৃহটো নিৰ্মাণৰ কাম কেবা মাহ আগতে সমাপ্ত হৈছে যদিও নানা ব্যস্ততাৰ বাবে বাবৰে ইমানদিন গৃহটো দৰ্শন কৰিবলৈ আহিব পৰা নাছিল ৷ আজিহে তেওঁ গৃহটো পোন প্ৰথমবাৰৰ বাবে দৰ্শন কৰিবলৈ আহিব। সেয়ে এই ব্যস্ততা ও উৎকণ্ঠা।

            গৃহটো বাবৰৰ পছন্দ-অপছন্দৰ ওপৰতে নিৰ্ভৰ কৰিছে ফজিলুদ্দিনৰ ভৱিষ্যত। যদি গৃহৰ নিৰ্মাণ কাৰ্য বাবৰৰ পছন্দ হয় তেনেহ'লে ভৱিষ্যতেও তেওঁ ইয়াতকৈও বিশাল যোজনাৰ কাম পোৱাটো একপ্ৰকাৰ নিশ্চিত। কিন্তু যদিহে অপছন্দ হয়? গৃহ নিৰ্মাণৰ সময়ত এই প্ৰশ্নটো কেতিয়াবা কেতিয়াবা ফজিলুদ্দিনৰ হৃদয়াকাশত উদয় হৈ তেওঁক হতাশ কৰি তুলিছিল। তেতিয়াই তেওঁ সৰ্বশ্ৰেষ্ঠ স্থিতিত বাবৰৰ চকুত পৰাকৈ গৃহটো নিৰ্মাণ কৰি উলিওৱাৰ বাবে বেছি তৎপৰ হৈ উঠিছিল। সংশয়, উৎকণ্ঠা চিন্তা ভাৱনাৰ মাজতে তেওঁ প্ৰচুৰ অধ্যৱসায় আৰু নিষ্ঠাৰে কেবামাহ জোৰা পৰিশ্ৰমৰ বিনিময়ত গৃহ নিৰ্মাণৰ কাম সম্পন্ন কৰি তুলিছে।

            আজি ফজিলুদ্দিনৰ অগ্নি পৰীক্ষাৰ দিন সমাগতকাৰণ ইমান দিনৰ অধ্যৱসায় আৰু নিষ্ঠাৰ মূল্যায়ন হ'ব আজি। গতিকে বাবৰ অহাৰ প্রাকমুহূৰ্তত তেওঁ তৎপৰ হৈ উঠিছেপ্ৰতিটো আয়োজন সুৰুচিপূৰ্ণ আৰু মৰ্যদাসম্পন্ন কৰি তুলিবলৈ আত্মনিয়োগ কৰিছে তেওঁ। মুঠ কথাত ক'বলৈ গ'লে ফজিলুদ্দিন যেন এটা যন্ত্ৰত পৰিণত হৈছে এই মুহূৰ্তত।

            গৃহটো আটকধুনীয়া কৰি সজাই পৰাই তুলিবৰ বাবে ফজিলুদ্দিনে সুদৃশ্য দলিচা আৰু তোচকৰ বাবে বাবৰলৈ লিখি পঠাইছিলৰাজ দৰবাৰৰপৰা সৈন্যবোৰে সেইবোৰ লৈ আহি মালভূমিৰ পাদদেশত বাহৰপাতি আছিল

            ফজিলুদ্দিনে নিজে মালভূমিৰ পাদদেশলৈ আহি সেইবোৰ মালভূমিৰ ওপৰলৈ কঢ়িয়াই অনাৰ ব্যৱস্থা কৰিলেৰাজকৰ্মচাৰীসকলক সেইবোৰ ওপৰলৈ কঢ়িয়াই অনাৰ দায়িত্ব দিয়াৰ লগতে তেওঁ নিজেও সিহঁতৰ লগত সেইবোৰ কঢ়িয়াই আনিবলৈ ধৰিলে। পাহাৰৰ ওপৰলৈ উঠা এঢলীয়া বাটত খোজকঢ়াত অনভ্যস্ত ৰাজকৰ্মচাৰীসকল ওপৰলৈ উঠোতে ভাগৰি পৰিল আৰু সিহঁতৰ উশাহ-নিশাহৰ গতি খৰ হৈ উঠিল৷

            ৰাজকৰ্মচাৰীসকলৰ মুখিয়ালজন আছিল এজন থূলন্তৰ মানুহ। সামান্য ওজনৰ কাশ্বগৰী চুৰাহী (জুলীয়া বস্তু ৰাখিবলৈ ব্যবহাৰ কৰা দীঘল মুখৰ এক প্ৰকাৰ পাত্ৰ) এটালৈ ওপৰলৈ উঠোতেই প্রতি দহ খোজৰ পাছতেই জিৰণি ল'বলৈ ধৰিলে সি। ফজিলুদ্দিনে মুখিয়ালজনৰ অৱস্থা দেখি ব্যস্ত হৈ উঠিলযিকোনো মুহূৰ্তত মুখিয়ালজনৰ হাতৰপৰা চুৰাহীটো পৰি ভঙাৰ ভয়ত ফজিলুদ্দিনে তাৰ হাতৰপৰা চুৰাহীটো নিজৰ হাতলৈ আনি মুখিয়ালজনৰ কাষলতিৰ তলেদি হাত দি ওপৰলৈ তুলি আনিবলৈ ধৰিলে। এটা সময়ত বস্তুবোৰ ওপৰলৈ তুলি অনা শেষ হ'ল আৰু ফজিলুদ্দিনে উপাসনা গৃহটো সজোৱাত ব্যস্ত হৈ পৰিল৷

            মুখিয়ালজনে বাৰান্দাৰ খটখটিত ৰংচঙীয়া দলিচা এখন পাৰি দিব খুজিছিল। ফজিলুদ্দিনে তাক কামটো কৰিবলৈ বাৰণ কৰিলে। কাৰণ খটখটীৰ ওপৰত নক্সা অঁকা আছিল। শিলৰ ওপৰত কটা নক্সা যিকোনো ধুনীয়া দলিচাতকৈ কম ধুনীয়া নাছিল। খটখটীৰে ওপৰলৈ উঠোতে নক্সাবোৰ যাতে বাবৰৰ চকুত পৰে তাৰ বাবেই তেওঁ নক্সাবোৰ নাঢাকি মুকলিকৈ ৰখাৰ ব্যৱস্থা কৰিলে। এইদৰে প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি ফজিলুদ্দিনে উপাসনা গৃহটো ৰাজকৰ্মচাৰীৰ সহযোগত সজাই তুলিলে। কাম সম্পূৰ্ণ কৰি ৰাজকৰ্মচাৰীসকল উপাসনা গৃহৰপৰা ওলাই আহি জিৰণি ল'বলৈ এচটা শিলৰ ওপৰত বহিল

            পাহাৰৰ শিখৰৰপৰা উশ্ব চহৰৰ আশে-পাশৰ এলেকা স্পষ্টকৈ চকুত পৰে। তেতিয়ালৈকে ভাগৰত ঘন ঘনকৈ উশাহ নিশাহ লৈ থকা মুখিয়াল কৰ্মচাৰীজন তললৈ দৃষ্টি নিক্ষেপ কৰি সচকিত হৈ উঠিল আৰু স্প্রিঙৰ দৰে জঁপিয়াই থিয় হৈ 'লেসৌৱা চাওক, তেওঁ আহি আছে।

            ফজিলুদ্দিন বাৰান্দাত থিয় হৈ কামৰ ভুল-ত্ৰুটিবোৰ জুকিয়াই চাই আছিল। মুখিয়ালজনৰ কথাষাৰ তেওঁৰ কাণতো পৰিলদ্রুত বাৰান্দাৰ দাঁতিলৈকে আগুৱাই আহি তেওঁ তলৰ বিস্তৃত প্ৰান্তৰৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে

            পাহাৰৰ পাদদেশৰ ফালে দুদল অশ্বাৰোহী সমদল কৰি আহি থকা তেওঁৰ চকুত পৰিল ।

            প্ৰথমটো দলৰ আগে আগে শ্বেত ঘোঁৰাত উঠি বাবৰ আহি আছিল আৰু দ্বিতীয়টো দলৰ আগে আগে আহি আছিল তিনিটা ঘোঁৰাই টনা এখন সুদৃশ্য বাগী সেই সুদৃশ্য বাগীখনত কোন কোন আহিব পাৰে ফজিলুদ্দিনে এবাৰ মনতে জুকিয়াই চালে। বাগীখনত বাবৰৰ মাক কুতলুগ নিগাৰ বেগম থকাটো নিশ্চিত। কিন্তু তেওঁ অকলেই আহিছে, নে লগত আন কোনোবা আহিছে? যদি আহিছে কোন আহিব পাৰে ? আহিলে নিশ্চয় বাবৰৰ বায়েক খানজাদা বেগমেই আহিছে

            খানজাদা বেগমৰ মুখখন মানসপটত ভাঁহি উঠাৰ লগে লগে ফজিলুদ্দিন ৰোমাঞ্চিত হৈ উঠিল। এক মিঠা শিহৰণ খেলি গ'ল তেওঁৰ দেহ-মনত। তেওঁৰ এই কেইদিনৰ ব্যস্ততা মাথোন বাবৰৰ আগমনৰ প্ৰতীক্ষাতে আছিল, নে ইয়াৰ লগত প্ৰচ্ছন্ন হৈ আছিল খানজাদা বেগমৰ আগমন বার্তা? ফজিলুদ্দিনে প্রশ্নটো এবাৰ মনত জুকিয়াই চাবলৈ চেষ্টা কৰোঁতেই উৎকণ্ঠিত চিঞৰত তেওঁৰ চিন্তাৰ আঁত চিঙি গ'ল।

            সৌৱা তেওঁলোক ৰৈ গৈছে। মুখিয়াল ৰাজকৰ্মচাৰীজন চিঞৰি উঠিল । মুখিয়ালজনৰ চিঞৰত ফজিলুদ্দিন উৎকণ্ঠিত হৈ উঠিল। তেওঁ নিজেও সমগ্ৰ সমদলটো জান্নাতআৰীক পাহাৰৰ পাদদেশত থকা এটা বিশেষ ছাউনীৰ ওচৰত ৰৈ যোৱা দেখিলে।

            ছাউনীটো খাটি ৰূপৰ খুঁটিৰে নিৰ্মিতবৰণীয়া ফুল আৰু সুদৃশ্য দলিচাৰে সুসজ্জিত কৰি ৰাখিছে ছাউনীটোপানাহাৰৰ লগতে আৰামৰ পৰ্যাপ্তভাবে সুব্যৱস্থাও আছে ছাউনীটোত ।

            নও-জোৱান মির্জা বাবৰে ছাউনীটোত আৰাম কৰি পাছদিনা উপাসনা গৃহ পৰিদৰ্শন কৰিবলৈ আহিব বুলি ভাবিয়ে ফজিলুদ্দিনে পৰিকল্পিতভাবে সকলো সুব্যৱস্থা কৰি ৰাখিছে ছাউনীটোত

            কিন্তু ফজিলুদ্দিনে ভবামতে নহ'বাবৰৰ আগমনৰ এঘণ্টা পূৰ নৌহওঁতেই দেহৰক্ষী চৰ্দাৰজন চাৰিজন সৈনিক লগত লৈ ফোঁপাই-জোপাই পাহাৰৰ ওপৰলৈ উঠি আহিল ।

            জাহাঁপনা এতিয়াই ইয়ালৈ আহিবপাল্কী ক'? দেহৰক্ষী চৰ্দাৰজনে ব্যস্ত ভাবে সুধিলে।

    ৰাজকৰ্মচাৰীৰ মুখিয়ালজনে সহায়ৰ আশাত ফজিলুদ্দিনলৈ চালে।

            ফজিলুদ্দিনে ৰেচমী কাপোৰৰ হলৌ চোলা পিন্ধি আছল । তেওঁ চোলাটো টানকৈ বান্ধি বুকুত হাত থৈ দেহৰক্ষী চৰ্দাৰজনৰ সন্মুখত বিনীতভাবে থিয় দি ক'লেক্ষমা কৰিব হুজুৰ

            কি? দেহৰক্ষী চৰ্দাৰজনে ফজিলুদ্দিনৰ কথাৰ অৰ্থ বুজিব নোৱাৰি প্ৰশ্নবোধক দৃষ্টিত ফজিলুদ্দিনলৈ চাই সুধিলে

            ফজিলুদ্দিনে কথাটো বুজাই ক'লেআমি ভাবি-চিন্তি দেখিছোঁ, এই পাহাৰৰ ওপৰলৈ পাল্কীলৈ অহাটো কোনোপধ্যে সম্ভৱ নহয়। উপাসনা গৃহৰ বাবে প্রয়োজনীয় ইটাবোৰ ওপৰলৈ কঢ়িয়াই আনোতে এজন এজনকৈ শাৰী পাতি কঢ়িয়াই আনিব লগা হৈছেপাল্কী এখন লৈ আহিবলৈ হ'লে অতিকমেও চাৰিজন মানুহ একেলগে আহিব লাগিব। কিন্তু এঢলীয়া ঠেক বাটত চাৰিজন মানুহ একেলগে উঠি অহাটো সম্ভৱ নহ'

            দেহৰক্ষী চৰ্দাৰজনে মনোযোগেৰে বাটৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ ধৰিলে৷ ঠেক সংকীর্ণ বাট৷ এজন মানুহৰ বাবেই অহা-যোৱা কৰা অসুবিধা। একেলগে চাৰিজন মানুহ পাল্কীলৈ উঠি অহাটো সম্ভৱ নহয় বুলি তাৰো নিশ্চিত ধাৰণা হ'ল৷ গতিকে সি ৰাজকৰ্মচাৰীৰ মুখিয়ালজনলৈ উদ্দেশ্য কৰি ক'লেঠিক আছে বাৰু, খোজকাঢ়িয়ে অহাৰ ব্যৱস্থা কৰিব লাগিবসি এইদৰে কৈয়ে মুখিয়ালজনক সকীয়াই দিলেকিন্তু ইয়াত যেন প্ৰয়োজনতকৈ এজন অতিৰিক্ত মানুহো নাথাকে৷

            ওপৰলৈ উঠা ঠেক বাটটো উপাসনা গৃহৰ সন্মুখলৈ আহি শেষ হোৱাৰ আগতে আহল-বহল সমতলৰ লগতে কেইটামান ঠেক মালভূমি পাৰ হৈ আহিব লাগিব। গতিকে ফজিলুদ্দিনে মালভূমি কেইটাৰ ওপৰত পানীৰ পাত্ৰৰে সৈতে পৰিচাৰক নিয়োগৰ কথা ভাবিলে৷ যাতে আৰোহীসকলে প্ৰয়োজনত পানী খাব পাৰে বা হাতমুখ ধোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰেভবামতেই তেওঁ মুখিয়াল ৰাজকৰ্মচাৰীজনলৈ উদ্দেশ্য কৰি পৰামৰ্শ আগবঢ়ালে প্রয়োজনত পানী পাবৰ কাৰণে মালভূমি কেইটাত পানীৰ পাত্ৰৰে সৈতে পৰিচাৰক নিয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগিব।

            ঠিক আছে, ম‍ই এতিয়াই পানীৰ বাবে যাৱতীয় ব্যৱস্থা কৰি আছোঁৰাজকৰ্মচাৰীজনে ব্যস্ত ভাবে ক'লে।

            নিয়মমতে দেহৰক্ষী চৰ্দাৰজনে নিজে তললৈ নামি গৈ মির্জা বাবৰক লগত লৈ আহিব লাগে; কিন্তু থিয় গৰা পাহাৰৰ এঢলীয়া ঠেক বাটত দুবাৰ অহা-যোৱা কৰাটো তাৰ দৰে থূলন্তৰ মানুহ এজনৰ পক্ষে খুবেই কঠিন কামসেয়ে সি বাটটো পুনৰ ভালদৰে নিৰীক্ষণ কৰি হতাশ হৈ পৰিলতাৰ উপলব্ধি হ', তাৰ পক্ষে দুবাৰ অহা-যোৱা কৰাটো তেনেই অসম্ভৱ। গতিকে সি দুজন সৈনিকৰ সৈতে ফজিলুদ্দিনক তললৈ পঠিয়াই দিয়াৰ সিদ্ধান্তলৈ ফজিলুদ্দিনলৈ চাই অনুৰোধৰ সুৰত ক'লেজ্বনাব, মই দুবাৰ অহা-যোৱা কৰাটো খুবেই কঠিন হ'ব। তদুপৰি বাটৰ বিষয়ে মোৰ জ্ঞানো নাই। আপুনি বাটটো ভালদৰে জানে, অহা-যোৱা কৰাৰো অভ্যাস আছে। গতিকে আপুনি দুজন সৈনিক লৈ গৈ জাহাঁপনাক আগবঢ়াই আনকগৈ ৷

            চৰ্দাৰজনৰ অনুৰোধ মর্মে ফজিলুদ্দিনে দুজন সৈনিকক লগতলৈ তললৈ নামি আহিলতললৈ নামি আহি চৰ্দাৰজনে মিহি পালিচ কৰা এচটা শিলৰ ওপৰত বহি গলধনৰ ঘাম মচিবলৈ ধৰিলে ৷

            নির্মাণ কাৰ্য চলাই থকাৰ সময়ত প্ৰতিদিনে কেবাৰো উঠা-নমা কৰিব লগা হোৱাত ফজিলুদ্দিন পাহাৰৰ ওপৰলৈ উঠা-নমাত অভ্যস্ত হৈ পৰিছিল। খটখটীৰে বেগাবেগীকৈ ওপৰলৈ উঠাৰ বাবে পাতল জোতা বেছি উপযোগী। গতিকে তেওঁ পাতল জোতাহে ব্যৱহাৰ কৰিছিল। চৰ্দাৰজনৰ অনুৰোধত তেওঁ পাতল জোতা পিন্ধি তললৈ নামি আহিছিল

            বাবৰ ছাউনীত নাছিল। তেওঁ ছাউনীলৈ আহি খন্তেক জিৰণি লৈ পাহাৰৰ সৌন্দৰ্যসম্ভাৰ উপভোগ কৰিবলৈ দলবললৈ ওলাই গৈছিলসম্ভ্ৰান্ত বেগসকলৰ উপৰিও তেওঁৰ লগত গৈছিল মাক কুতলুগ নিগাৰ বেগম আৰু বায়েক খানজাদা বেগম।

    ফজিলুদ্দিন ছাউনীলৈ অহাৰ খন্তেক পাছত পাহাৰৰ পূব আৰু দক্ষিণদিশ ঘূৰি বাবৰে প্ৰথম দলটো লৈ পুনৰ ছাউনীলৈ উভতি আহিলতেওঁ ছাউনীলৈ অহাৰ খন্তেক পাছতে দ্বিতীয় দলটো আহি ছাউনী পালেহি

    দ্বিতীয়টো দলত আছিল মহিলাসকলবগা কাপোৰ পৰিহিতা কুতলুগ নিগাৰ খানম কস্তুৰী ৰঙৰ ঘোঁৰাত আৰু কলা চানেকীয়া ৰঙা ৰঙৰ ধুনীয়া ৰেচমী কাপোৰ পিন্ধি বাদামী ৰঙৰ ঘোঁৰাত উঠি আছিল বাবৰৰ বায়েক খানজাদা বেগম

    খানজাদা বেগমৰ মুখমণ্ডল ওড়নাৰে আবৃত আছিল যদিও দৃঢ় আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আকর্ষণীয় ব্যক্তিত্বসূলভ বহাৰ ভংগী দেখি ফজিলুদ্দিনে তাইক খানজাদা বেগম বুলি চিনিব পাৰিলে। খানজাদা বেগমক দেখিয়ে ফজিলুদ্দিনৰ হৃদয়ত আবেগ ব্যকুলতা জাগি উঠিল। উত্তেজিত হৈ উঠিল তেওঁৰ দেহৰ শিৰা-উপশিৰাবোৰ। চকুত জাগি উঠিল বিস্ময় মুগ্ধতা। পানীৰ ওপৰৰ শেলাইৰ দৰে তেওঁৰ হৃদয়ৰ গভীৰ প্ৰদেশৰপৰা ভাহি উঠিল কিছুমান স্মৃতিৰ টুকুৰাতেওঁৰ মন বাস্তবতা এৰি অতীতৰ কেইটামান সোণোৱালী দিনলৈ উৰা মাৰিলে।

    খানজাদা বেগমে তাইৰ অদ্বিতীয় বিস্ময়কৰ গুণেৰে কেবাবাৰো ফজিলুদ্দিনক আশ্চর্যচকিত কৰি তুলিছিল

    চাৰি বছৰমান আগত ফজিলুদ্দিনে ওমৰ শ্বেখৰ নিৰ্দেশত হিৰাতৰপৰা আন্দিজানলৈ আহি দুৰ্গ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলতেতিয়াই তেওঁৰ খানজাদা বেগমৰ লগত প্ৰথম পৰিচয় হৈছিল। খানজাদা বেগমৰ বয়স তেতিয়া মাথোন ষোল্ল বছৰ। তাইৰ উদ্ভিন্ন যৌৱন আধাফুটা কলিৰ দৰে প্ৰস্ফুটিত হ'বলৈ সাজোন-কাচোনত ব্যস্ত হৈ উঠিছিল মাথোন। যৌৱনৰ সুষম মহিমাত দ্যুতিময়ী হৈ উঠিছিল তাইৰ মুখমণ্ডল। তাইৰ আয়ত চকুযুৰিত আছিল লাজ ৰক্তিম স্বপ্নিল দৃষ্টিকৌতুকত নাচিছিল চকুৰ কলামণি। সম্ভ্ৰান্ত যুৱতীসকলৰ ভিতৰত আটাইতকৈ ধুনীয়া বুলি তাইৰ ৰূপৰ খ্যাতি চৌদিশে ৰৈ বৈ গৈছিল। ঠিক এনেকুৱা এটি সময়তে তাইৰ লগত কথা পতাৰ সৌভাগ্য হৈছিল ফজিলুদ্দিনৰ

    এদিন খানজাদা বেগমে যুৱকৰ বেশত ঘোঁৰাত উঠি ভায়েক বাবৰ আৰু তেওঁৰ লগৰীয়াসকলৰ লগত চৌগান (পলোৰ দৰে এবিধ খেল) খেল খেলি আছিল। সিদিনাৰ সেই খেল উপভোগ কৰাৰ সৌভাগ্য হৈছিল ফজিলুদ্দিনৰমুগ্ধ বিস্ময়ত তেওঁ উপভোগ কৰিছিল সেই চৌগান খেল। ফজিলুদ্দিনৰ সেই বিস্ময় মুগ্ধতা হয়তো খানজাদা বেগমৰো চকুতো ধৰা পৰিছিল। তায়ো যেন তেওঁৰ সেই বিস্ময় মুগ্ধতা দেখি অনুপ্ৰাণিত হৈ উঠিছিল।

    ফজিলুদ্দিন তেতিয়া পঁচিছ বছৰীয়া চফল ডেকা। দীর্ঘ আকর্ষণীয় মুখমণ্ডল৷ প্ৰতিভাৰ দীপ্তিত উজ্জ্বল চকু। মুখত তৰুণ বয়সৰ উদ্ভিন্ন দাঢ়িওঁঠৰ তলত কলা গোঁফৰ ৰেখা। মুখত ভূৱন বিজয়ী এমোকোৰা হাঁহিচকুৰ দৃষ্টিত আছিল শিশু সূলভ বিস্ময় মুগ্ধতা।

    খানজাদা বেগমে হয়তো ফজিলুদ্দিনৰ আকৰ্ষণীয় ব্যক্তিত্বসূলভ চেহেৰা আৰু বিস্ময় মুগ্ধতা দেখি কৌতুক অনুভব কৰিছিলখেলৰ মাজতে তাই দুই-তিনিবাৰ ফজিলুদ্দিনৰ ফালে চাই ওঁঠৰ কোণত সূক্ষ্ম হাঁহিৰ ৰেখা ৰেখায়িত কৰি কটাক্ষ কৰিছিল। সেই কটাক্ষ বাণত বিদ্ধ হৈ ফজিলুদ্দিনৰ হৃদয় শৰবিদ্ধ আহত হৰিণীৰ দৰে ছট্‌ফটাই উঠিছিল।

    সিদিনা খেল শেষ হোৱাৰ কিছু সময় পাছত খানজাদা বেগমে ফজিলুদ্দিনক প্রাসাদলৈ মাতি পঠিয়াইছিল। সেই আহ্বানত উৎকণ্ঠিত হৈ উঠিছিল ফজিলুদ্দিন। তেওঁৰ চকুৰ আগত ভাহি উঠিছিল খানজাদা বেগমৰ হাঁহিৰ ৰেখাশ্রিত কটাক্ষ। দুৰুদুৰুকৈ কঁপি উঠিছিল তেওঁৰ বুকু। আহ্বানৰ আঁৰৰ ৰহস্য কি? খানজাদা বেগমে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ অনা নাইতো? এই আহ্বানৰ আঁৰৰ ৰহস্য পুৰস্কাৰ, নে তিৰস্কাৰ? এইয়া তাইৰ আকৰ্ষণৰ প্ৰতিক্ৰিয়া, নে ঘৃণা বিদ্বেষ বিৰাগ বিকৰ্ষণৰ প্ৰতিক্ৰিয়া ? কিন্তু তাইৰ চকুততো তেওঁ কোনো কুটিলতা, ঘৃণা অথবা বিৰাগৰ প্ৰতিচ্ছবি দেখা নাছিলদেখিছিল কৌতুহল আৰু বিস্ময় মুগ্ধতা।

    দুর্বল মনে সকলোতে বিপদৰ আশংকা দেখে। তেওঁ তেতিয়া সঁচাকৈয়ে খানজাদা বেগমৰ প্ৰতি দুৰ্বল হৈ পৰিছিল নেকি? যাৰ বাবে তেওঁৰ এই উৎকণ্ঠা আৰু ভয় বিহ্বলতা?

    ফজিলুদ্দিনে মনত সাহস সঞ্চয় কৰি উৎকণ্ঠিতভাবে ৰাজপ্রাসাদলৈ গৈছিল খানজাদা বেগমৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই। কোনো অভিযোগ বা বিৰাগৰ প্ৰতিক্ৰিয়া নাছিল সেই আহ্বানৰ অন্তৰালত৷ ৰাজপ্রাসাদৰ উৱলি যোৱা দেৱালত ৰং কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল। দায়িত্ব দিছিল স্বয়ং খানজাদা বেগমেই। তেওঁ তেতিয়া স্বস্তিৰ নিশ্বাস পেলাইছিল। তিৰস্কৃত নহয় সিদিনা পুৰস্কৃতহে হৈছিল তেওঁ

    ফজিলুদ্দিনে নিজৰ বাসগৃহলৈ আহি ৰং তুলিলৈ পুনৰ ৰাজপ্রাসাদত উপস্থিত হৈছিল। ৰাজপ্রাসাদত উপস্থিত হৈয়ে তেওঁ খানজাদা বেগমক লগ পাইছিল। তাই তেতিয়া তাইৰ লগৰীয়া যুৱতী কেইজনীমানৰ লগত বহি বাঁহী বজাই আছিল ।

    অলপ আগতে দেখা দক্ষ খেলুৱৈৰ বাঁহীৰপৰা তেতিয়া মৃদু মধুৰ অপূৰ্ব সুৰ ঝংকাৰিত হৈ আছিলতাইক তেতিয়া অপূৰ্ব কমনীয় আৰু মোহনীয় দেখা গৈছিল। সেই অপৰূপ ৰূপ সুধাপান কৰি ফজিলুদ্দিন আপোন পাহৰা হৈ পৰিছিল সন্মোহিত হৈ পৰিছিল সুমধুৰ বংশী ধ্বনিৰ মায়াজালত

    আন এদিনৰ এক ঘটনাতো ফজিলুদ্দিন আশ্বৰ্যচকিত হৈ উঠিছিল

    ফজিলুদ্দিন সিদিনা প্রাসাদৰ দেৱালত ভেলভেটৰ নক্সা অংকন কৰি আছিল।

    হঠাৎ ক'ৰবাৰপৰা আহি খানজাদা বেগমে অতি মনোযোগেৰে তেওঁৰ সেই নক্সা অংকন নিৰীক্ষণ কৰিবলৈ ধৰিলে। খানজাদা বেগম অকলে তেনেকৈ অহা দেখি ফজিলুদ্দিন ভয়ত আড়ষ্ট হৈ পৰিল। তেওঁৰ বুকু ভয়ত দুৰু দুৰুকৈ কঁপিবলৈ ধৰিলে। হঠাৎ তেওঁৰ হাতৰপৰা ৰং তুলি খহি পৰিল

    এই ঘটনাত খানজাদা বেগম বিৰক্ত হোৱাৰ পৰিবৰ্তে সকলো দোষ নিজৰ গাত জাপি লৈ ক'লেআপুনি অতি ধুনীয়া লতাপাত অংকন কৰিছে। হয়তো আপোনাৰ ধুনীয়া কামত মোৰ চকু লাগিছেসেয়ে ৰং তুলি হাতৰ পৰা পৰি গৈছে।ৰং তুলি বুটলি লৈ পুনৰ আৰম্ভ কৰক

    অভয় পাই ফজিলুদ্দিনে পকা মজিয়াৰপৰা ৰং তুলি বুটলি লৈ বিজ্ঞৰ দৰে ক'লেনাই নাই বেগম, যি নক্সাত আপোনাৰ চকু লাগিছে সেই নক্সাই প্রাণ পাই অধিক ধুনীয়া হৈ উদ্ভাসিত হৈহে উঠিব।

    মৌলানা, মই শুনিছোঁ আপুনি চিত্ৰকৰো হেনো ?

    বাস্তুবিদ শিল্পী এজনে চিত্র আঁকিবলৈ জনাটো আৱশ্যক বেগম। এইদৰেই ফজিলুদ্দিনে তেওঁ এজন চিত্র শিল্পী বুলি পৰোক্ষভাবে স্বীকাৰ কৰিছিল

    তেনেহ'লে আপুনি মোৰ চিত্ৰ আঁকি নিদিয়ে কিয় ?”

    ফজিলুদ্দিনৰ বাবে সেই প্ৰস্তাৱ অপ্ৰত্যাশিত আৰু অতি লোভনীয় আছিল

    ফজিলুদ্দিনে মুগ্ধ সপ্রশংস দৃষ্টিত খানজাদা বেগমৰ মুখলৈ চালে। কোঠালিত যদিও মাথোন তেওঁলোক দুজনেই আছিল তথাপি তেওঁ অনুচ্চ সুৰত ক'লেআপুনি বিচাৰিলে মই আনন্দ মনেৰেই আপোনাৰ চিত্ৰ আঁকি দিম। কিন্তু ......এক অজান আশংকাত ফজিলুদ্দিনে বাক্যটো আধৰুৱা কৈ এৰিলে

    ফজিলুদ্দিনৰ সংশয়ৰ কাৰণ উপলব্ধি কৰিব পাৰি খানজাদা বেগমে অভয় দি ক'লেআপুনি চিন্তা নকৰিব, মই সকলো গোপনে ৰাখিম

    তথাপিও যদি কেনেবাকৈ কথাটো প্ৰকাশ হৈ যায় আৰু মোৰ এই অমূল্য জীৱন কোৰবানী দিব লগা হয় তেনেহ'লে মই মোৰ এই জীৱন ক'ত পাম, বেগম চাহেবা? ফজিলুদ্দিনে এইদৰে কৈ খন্তেক ৰৈ পুনৰ ঠাট্টাৰ সুৰত ক'লেমোৰ অনুমান হৈছে, মোৰ এই জীৱন যেন ক'ৰবাত হেৰাই যাব ধৰিছে।

    খানজাদা বেগমে ফজিলুদ্দিনৰ ধেমালি বুজিব পাৰি মোহনীয়া হাঁহিমাৰি ক'লেমোৰ চিত্ৰ অঁকাৰ কাৰণে যদি আপোনাৰ জীৱন যায়, মোক ক', মই আপোনাক মোৰ জীৱনটোকে দি দিম। তেতিয়া হ'বনে মৌলানা?

    খানজাদা বেগমৰ এই চিত্ত বিনোদক, চঞ্চল আৰু ধেমেলীয়া সাৱলীল শব্দকেইটা শুনাৰ পাছত ফজিলুদ্দিন অভিভূত হৈ পৰিছিল আৰু এই শব্দকেইটাত অনুপ্ৰাণিত হৈয়ে তেওঁ কিছুদিন পাছত খানজাদা বেগমৰ চিত্ৰ আঁকিছিল। সেই চিত্র চাই খানজাদা বেগম সন্মোহিত হৈ পৰিছিল; কিন্তু তাই চিত্ৰখন সিদিনা লোৱা নাছিল। সময়ত লোৱাৰ প্ৰতিশ্ৰুতি দি তাই চিত্ৰখন ফজিলুদ্দিনৰ হাতত গতাই দিছিল। ইয়াৰ কিছুদিন পাছত অশুভ যুদ্ধই সকলো থান-বান কৰি পেলাইছিল। ফজিলুদ্দিন ফাৰগানাৰ পৰা পলাই গৈ হিৰাতত আশ্ৰয় লৈ আছিল। তথাপিও হেজাৰ বিপত্তিৰ মাজতো তেওঁ চিত্ৰখন অতিশয় যত্নসহকাৰে সংৰক্ষণ কৰি ৰাখিছে। খানজাদা বেগমে খুজিলে যাতে তাইক চিত্ৰখন দিব পাৰে। এতিয়াও আছে চিত্ৰখন তেওঁৰ চন্দুকত।

    যোৱা শীতকালি খানজাদা বেগমৰ লগত ফজিলুদ্দিনৰ শেষ সাক্ষাৎ হৈছিল। কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগম যোৱা শীতত উশ্বত ফুৰিবলৈ আহিছিল। মির্জা বাবৰে তেওঁলোকক বুৰাতান পাহাৰত নিৰ্মীয়মান উপাসনা গৃহ সম্পর্কে বুজ ল'বলৈ পঠাইছিলকাৰণ উশ্বৰপৰা অনতিদূৰতে বুৰাতান পাহাৰ অৱস্থিত।

    ফজিলুদ্দিনে সিদিনা এজন মাথোন শিষ্যলৈ কাম কৰি আছিলৰচদপাতি আৰু ধনৰ অভাৱত তেওঁ বাকী বনুৱাক ছাটাই কৰিবলগীয়া হৈছিল। ফলত ইটা, তক্তা আৰু অন্যান্য ৰচদপাতি তেওঁলোক দুজনেই তলৰপৰা পাহাৰৰ ওপৰলৈ কঢ়িয়াব লগা হৈছিল। এনেকি শিলকটা কাৰিকৰো নাছিল তেওঁৰ লগত তদুপৰি টাইল কিনাৰ কাৰণে পর্যাপ্ত ধনো নাছিল তেওঁৰ হাতত। ফজিলুদ্দিনে এইসমূহ অভাৱ পূৰণ কৰিবলৈ ব্যাকুল হৈ উঠিছিল। ঠিক তেনেকুৱা এটি সময়তে খানজাদা বেগমে নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল'বলৈ আহিছিল৷

    ফজিলুদ্দিনে খানজাদা বেগমক লগ পাই এইসমূহ অভাৱ অভিযোগৰ কথা ক'বলৈ উচ্‌পিচাই আছিল; কিন্তু মণিমুক্তাখচিত 'ৰেচমী টুপী মূৰত পিন্ধা, ৰঙা নৰম জোতা ভৰিত দিয়া, কোমলতাৰ সাক্ষাৎ প্রতিমূর্তি, দিব্য সৌন্দৰ্যৰ আঁকৰ যুৱতী এজনীৰ ওচৰত এইসমূহ অভাৱ অভিযোগৰ কথা ক'বলৈ তেওঁ সংকোচবোধ কৰিছিল। খানজাদা বেগমৰ সৌন্দৰ্যত বিমোহিত ফজিলুদ্দিনে সিদিনা নিৰ্বাক হৈ পৰিছিল। অভাৱ অভিযোগৰ কথা ক'বলৈ তেওঁ পাহৰি গৈছিল।

    কিন্তু খানজাদা বেগমেই সেই সমস্যা সমাধানৰ বাট মুকলি কৰি দিছিল৷ তাই ফজিলুদ্দিনৰপৰা উপাসনা গৃহৰ নক্সা খুজিছিলমৌলানা, উপাসনা গৃহৰ নক্সাখন মোক দেখুৱাব পাৰিবনে?

    কিয় নোৱাৰিম? নিশ্চয় পাৰিম। এইদৰেকৈ ফজিলুদ্দিনে অতি আগ্ৰহেৰে খানজাদা বেগমৰ হাতত উপাসনা গৃহৰ নক্সাখন তুলি দিছিল ৷

    খানজাদা বেগমে অতিশয় মনোযোগেৰে নক্সাখনৰ ওপৰত চকু ফুৰাই ফজিলুদ্দিনলৈ উদ্দেশ্য কৰি সুধিছিলআপুনি দেখিছোঁ গম্বুজত উজ্জ্বল নীলা বাখৰ খটুৱাব খুজিছে

    কথাষাৰ শুনি মুগ্ধ বিস্ময়ত ফজিলুদ্দিনৰ চকুৰ তৰা স্থিৰ হৈ গৈছিল। এইজনী যুৱতীতো কম নহয়! এওঁ দেখোন বাস্তুকলাৰ বিষয়ে সম্পূর্ণ জ্ঞাত। বাস্তুকলাৰ বিষয়ে এওঁ এইবোৰ জ্ঞান পালে ক'ৰ পৰা? এওঁ বাস্তুকলাৰ বিষয়ে কিমান অধ্যয়ন কৰিছে? ফজিলুদ্দিনে বিস্ময়াভিভূত দৃষ্টিত খানজাদা বেগমলৈ চাই এইবোৰ কথা মনতে জুকিয়াই চাই কৈছিল আপোনাৰ অনুমান সত্য। গম্বুজত নীলা বাখৰ খটুৱাব লাগিব ।

    কিন্তু আপোনাৰ হাতত পর্যাপ্ত বাখৰ আছে জানো ?

    ফজিলুদ্দিনে নাকাৰাত্মকভাবে মূৰ দুপিয়াই কৈছিলনাই, কিনিব লাগিব। বাখৰবোৰতো খুবেই দামী! বাখৰ কিনাৰ বাবে আপোনাৰ হাতত পর্যাপ্ত ধন আছে জানো?

    ফজিলুদ্দিনে তেতিয়া নিজৰ অভাৱ অভিযোগ আৰু প্ৰয়োজনৰ কথা ক'বলৈ বাধ্য হৈছিল

    অভাব-অভিযোগৰ কথা শুনি খানজাদা বেগমে কৈছিলবাৰু বাখৰৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। আপুনি নক্সা অনুসাৰে কামত আগবাঢ়কবাখৰৰ ব্যৱস্থা মই কৰি দিম ।

    ফজিলুদ্দিনে তেতিয়া কৃতজ্ঞতা প্রকাশ কৰি কৈছিলআপোনাক অশেষ ধন্যবাদ ৷ আপোনাৰ এই বদান্যতাৰ কথা মই জীৱনতো পাহৰিব নোৱাৰিম ।

    মির্জা বাবৰ তেতিয়া চমৰকন্দৰ বাদচাহ চুলতান আহম্মদৰ লগত যুদ্ধত ব্যস্ত হৈ আছিল। গতিকে তাই কৈছিলমাথোন এই উপাসনা গৃহই নহয়, মির্জা বাবৰ যুদ্ধৰপৰা উভতি আহিলে আব্বাজানৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে উদ্যোগ লম। আমি তেতিয়া বহু সৌধ নিৰ্মাণ কৰাম। সেইসমূহ সৌধ নিৰ্মাণৰ দায়িত্বও আপুনিয়ে ল'ব লাগিব৷

    ফজিলুদ্দিনে যেন ইয়াতকৈ স্নেহাশ্রিত মধুৰ শব্দ জীৱনত কোনোদিন শুনা নাছিল এনেকুৱা ভাৱ হৈছিল তেওঁৰ মনত৷

    খানজাদা বেগমে তাইৰ কথামতেই কাম কৰিছিল ৷

    পিছদিনাৰপৰাই দুজন বলিষ্ঠ সুগঠিত যুৱকে খাদ্যবস্তুৰ লগতে গৃহ নিৰ্মাণৰ বাবে প্রয়োজনীয় বস্তু-বাহানি আনি ফজিলুদ্দিনৰ ওচৰত জমা দিবলৈ আৰম্ভ কৰিছিলএসপ্তাহ পাছত উটৰ পিঠিত বোজাই হৈ আহিছিল চকুত চাটমাৰি ধৰা ৰং-বিৰঙৰ জিলমিলীয়া বাখৰ আৰু টাইলচপ্ৰতিটো টাইলচ আৰু বাখৰত ফজিলুদ্দিনে দেখিবলৈ পাইছিল খানজাদা বেগমৰ মোহময়ী মুখৰ প্ৰতিচ্ছবি। তেওঁ খানজাদা বেগমৰ প্ৰতি কৃতজ্ঞতাত অভিভূত হৈ পৰিছিল আৰু অৱসৰ পালেই তেওঁ নিজে অঁকা খানজাদা বেগমৰ চিত্ৰখন চন্দুকৰপৰা উলিয়াই লৈ তন্মময় হৈ চাইছিল। চিত্ৰখনে যেন তেওঁক দ্বিগুণ উৎসাহে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

    এতিয়াও তেওঁ অৱসৰ পালে চিত্ৰখন উলিয়াই লয় আৰু চিত্ৰখন চাই তন্ময় হৈ পৰে। চিত্ৰখন জীৱন্ত হৈ তেওঁৰ লগত কথা পাতে

    চিত্ৰৰ খানজাদা বেগম নহয়, তেজ-মঙহেৰে গঢ়া জীৱন্ত খানজাদা বেগমক স্বচক্ষে দৰ্শন কৰাৰ সৌভাগ্য হ'ব আজি তেওঁৰ। এবছৰৰ মূৰত তেওঁ খানজাদা বেগমৰ মুখখন দেখিবলৈ পাব। সৌভাগ্য হ'লে কথা পতাৰো সুযোগ পাব। কথাবোৰ ভাবোঁতেই ফজিলুদ্দিনে আত্মিক উত্তাপ অনুভব কৰিবলৈ ধৰিলে আৰু লগে লগে তেওঁৰপৰা অনতিদূৰত থিয় হৈ থকা বোৰখাৰে আবৃত খানজাদা বেগমৰ মুখখন চাবলৈ তেওঁ ব্যাকুল হৈ উঠিল।

    হৃদয়ৰ আবেগ অনুভূতি যাতে বাহ্যিক আচৰণত প্ৰকাশ নাপায় তাৰ বাবে ফজিলুদ্দিনে নিজক সংযত কৰিবলৈ অনেক কছৰ‍ৎ কৰিবলগা হ'ল। বাবৰ কেইখোজমান আঁতৰত থাকোঁতেই তেওঁ মূৰ দোঁৱাই অভিবাদন জনালে।

    মির্জা বাবৰ ঘোঁৰাৰপৰা নামিল। গভীৰ সপ্রংস সমাহিত দৃষ্টিত তেওঁ কেউফালে চকু ফুৰালে

    বাবৰ তেতিয়া মাথোন পোন্ধৰ বছৰ বয়সৰ কিশোৰ; কিন্তু তেওঁৰ গাম্ভীর্যপূর্ণ চাল-চলন আৰু আভিজাত্যসূলভ ব্যৱহাৰ দেখি বাবৰক এজন কৈশোৰ অতিক্ৰান্ত পৰিপক্ক যুৱকৰ দৰে অনুমান হ'ল ফজিলুদ্দিনৰ মনত৷ বাবৰৰ চাল-চলনো যেন আগতকৈ সতর্ক। মাথোন এঘাৰ বছৰ বয়সত বাবৰ সিংহাসনত আৰোহণ কৰিছিল। সিংহাসনত আৰোহণ কৰা চাৰি বছৰ পূৰ্ণ হৈছে মাথোন ৷ গতিকে বৰ্তমান তেওঁৰ বয়স পোন্ধৰ বছৰতকৈ অধিক নহয়; কিন্তু বয়সতকৈ তেওঁৰ দেহ আৰু মনৰ বৃদ্ধি যেন বহু বেছি হৈছে।

    কষ্টসাধ্য দুর্যোগময় সময় আৰু ঘাত-সংঘাতময় জীৱনে মানুহ এজনক সোনকালে সজাগ আৰু পৰিপক্ক কৰি তোলে। বাবৰৰ ক্ষেত্ৰতো যেন সেয়াই হৈছে। সিংহাসনত আৰোহণ কৰাৰ পাছত তেওঁ যুদ্ধবিগ্ৰহলৈ ব্যস্ত হৈ পৰিব লগা হৈছিল। নানা ঘাত-সংঘাত আৰু উত্থান-পতনৰ মাজেদি তেওঁ দীৰ্ঘ চাৰিটা বছৰ অতিবাহিত কৰিব লগা হৈছে। অৱশ্যে সকলো মানুহ বয়স বঢ়াৰ লগে লগে এদিন পৌৰুষ হৈ উঠে; কিন্তু ঘাত-সংঘাতে যেন বাবৰক বয়সৰ তুলনাত অধিক পৌৰুষত্ব প্ৰদান কৰিছে। মাথোন সৰু কঁকাল আৰু অপুষ্ট কান্ধলৈ লক্ষ্য কৰিলেহে বুজিব পাৰি বাবৰ এজন যুৱক নহয়কিশোৰহে

    পোন্ধৰ বছৰ বয়স পাহাৰ বগোৱাৰ কাৰণে উপযুক্ত সময়। গতিকে উপাসনা গৃহলৈ পাহাৰ বগাই উঠি অহাৰ সময়ত বাবৰে এটা মালভূমিৰপৰা আন এটা মালভূমিলে উঠি আহোঁতে সকলোকে চেৰ পেলাই আগবাঢ়িবলৈ ধৰিলে৷ মাক আৰু বায়েককো ওপৰলৈ উঠাত সহায় কৰিবলৈ ধৰিলে মাজে সময়ে তেওঁ। কাৰণ এঢলীয়া ঠেক বাটত ওপৰলৈ উঠোতে কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগমে খুবেই কষ্ট আৰু ক্লান্তি অনুভৱ কৰি আছিল

    মির্জা বাবৰৰ আটাইতকৈ বিশ্বস্ত উজীৰ এ আজম কাশিম বেগ প্ৰথমাৱস্থাত বাৱৰৰ সমানে সমানে আহি আছিল; কিন্তু কাশিম বেগ আছিল থূলন্তৰ। গতিকে তেওঁ আধাবাট আহি ভাগৰত শ্রান্ত-ক্লান্ত হৈ পৰিল। ঘনঘনকৈ উশাহ-নিশাহ ল'বলৈ ধৰিলে

    কাশিম বেগৰ অৱস্থা দেখি বাবৰ ৰৈ গ'ল ।

    জিভাৰ পানী লুকোৱাবলৈ পাণ চোবোৱাৰ দৰে কাশিম বেগে নিজৰ অক্ষমতা আৰু লাজ ঢাকিবলৈ ফজিলুদ্দিনলৈ ঘূৰি চাই ৰগৰ কৰি সুধিলেজ্বনাব, ইয়াত খটখটী নিৰ্মাণৰ কথা আপোনাৰ মনত নপৰিল কিয় ?

    ফজিলুদ্দিনে সন্মান সহকাৰে মূৰদোঁৱাই ক'লে- যদি হুজুৰৰ হুকুম হয়........

    কাশিম বেগৰ অৱস্থা দেখি বাবৰ বহল শিল এচটাৰ ওপৰত থিয় হৈ মিচিকিয়াই হাঁহি আছিল। তেওঁ কিশোৰসুলভ চপলতা আৰু সুকুমাৰ মৃদু মধুৰ সুৰত কাশিম বেগলৈ উদ্দেশ্য কৰি ৰগৰ কৰি ক'লেমালভূমিৰ ওপৰত প্রাসাদ বনোৱাৰ দৰে আপোনাৰ থূলন্তৰ দেহৰ কথা মনত কৰি খটখটী বনোৱাটোও নিশ্চয় প্রয়োজন আছিল, নহয় নে বেগ চাহাব?

    কাশিম বেগে সন্মান সহকাৰে ক'লেআপোনাৰ এই অধীনক খটখটীয়েও ঘামৰপৰা পৰিত্ৰাণ দিব নোৱাৰিলেহেঁতেন, জাহাঁপনা

    কুতলুগ নিগাৰ খানম কাশিম বেগৰ কাষ পাইছিলহি। তেওঁ হাঁহি হাঁহি ক'লেবেগ চাহাব, এই মালভূমিৰ দৰে কষ্টসাধ্য ঠায়েইতো ৰজা আৰু প্ৰজাক একেলগে খোজকাঢ়িবলৈ বাধ্য কৰে ৷

    আৰু চাহজাদীকো....... বাবৰে বায়েকৰ ফালে চাই ধেমেলীয়া সুৰত ক'লেখানজাদা বেগমে ভায়েকৰ সুৰত সুৰ মিলাই ক'লেআৰু এনেকুৱা মুহূর্ততে ভায়েকেও বায়েকৰ কথা ভাবিবলৈ বাধ্য হয় ৷

    এইদৰে হাঁহি ধেমালিৰ মাজেৰে আহি আটায়ে এটা সময়ত উপাসনা গৃহৰ সন্মুখৰ চোতাল পালেহি

    নীলা গম্বুজৰ তলত সৰু সৌধটো বসন্তকালৰ সূৰ্যৰ কিৰণ পৰি জিলিকি আছিল। নীলা গম্বুজত খটোৱা বাখৰৰপৰা সূৰ্যৰ কিৰণ বিকিৰণ হৈ চৌদিশে ছিটিকি পৰিছিল। চকুত ছাটমাৰি ধৰিছিল বিকিৰিত কিৰণেসেই আনিন্দ্য সুন্দৰ দৃশ্য নিৰীক্ষণ কৰি আনন্দত আত্মহাৰা হৈ বাবৰ শিশু সুলভ চপলতাত জপিয়াই উঠিল। দূৰৈৰ পাতল নীলা পাহাৰ, সৌধৰ বাৰান্দাৰ খুঁটিত অঁকা লতাপাত, গম্বুজত খটোৱা নীলা বাখৰ সকলোতে সূৰ্য কিৰণ পৰি জিলমিলাই এক অভূতপূর্ব জিলমিলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল। ৰিবৰিবকৈ ব'লা বসন্তৰ সমীৰণে এক মিঠা অনুভূতি বিয়পাই দেহ-মন ৰোমাঞ্চিত কৰি তুলিছিল। আটায়ে সেই নয়নাভিৰাম বিৰল সৌন্দৰ্যসম্ভাৰ অভিভূতৰ দৰে উপভোগ কৰি আনন্দত আপোন পাহৰা হৈ পৰিল

    বাবৰ, কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগমক উপাসনা গৃহৰ দুৱাৰমুখলৈকে আগবঢ়াই থৈ ফজিলুদ্দিনে বাৰান্দাৰপৰা নামি আহি শিলৰ খটখটীৰ ওপৰত থিয় হৈ ৰ'ল৷ কাৰণ তেওঁ বাবৰৰ অনুমতি অবিহনে সম্ভ্ৰান্ত মহিলা দুগৰাকীৰ লগত উপাসনা গৃহৰ ভিতৰলৈ সোমাই যাবলৈ ইচ্ছা নকৰিলে ।

    গৃহৰ ভিতৰত অন্ধকাৰ নাছিল যদিও প্ৰচলিত নিয়ম অনুসৰি মেহৰাব(মছজিদত খোৎবা পাঠৰ কাৰণে ইমাম থিয় হোৱা তিনি খলপৰ এক প্ৰকাৰ আসন)ত মমবাতি জ্বলি আছিল। খিৰিকিৰে সূৰ্যৰ পোহৰ গৃহৰ ভিতৰত পৰা কাৰণে মমবাতিৰ শিখাবোৰ কোনোমতেহে চকুত পৰি আছিল। কিন্তু দেৱালত অঁকা লতাপাতৰ ওপৰত পোহৰ পৰি সেই লতা-পাতৰ সৌন্দৰ্য চকুত ছাট মাৰি ধৰাকৈ বঢ়াই তুলিছিল

    বাবৰে সেই সৌন্দৰ্য সম্ভাৰ নিৰীক্ষণ কৰি অতিশয়ৰূপে ৰোমাঞ্চিত হৈ উঠিল৷ মমবাতিৰ পোহৰ পৰি উজলি থকা লতা-পাতবোৰ চাই তেওঁ বায়েকক উদ্দেশ্য কৰি ক'লেএইয়া যেন ইছলামৰ বাগিছাহে

    খানজাদা বেগমে দুষ্টালি ভৰা হাঁহি মাৰি ক'লেঅভয় পালে কব পাৰোঁ ৷

    নিশ্চয়, কওঁকচোন কি ক'ব খুজিছে? বাবৰে কৌতুহলী হৈ সুধিলে। খানজাদা বেগমে ঘূৰি দৰজাৰ পাল্লাৰ ওপৰত খোদিত লতা-পাতবোৰলৈ আঙুলিয়াই ক'লেসৌৱা ইছলামৰ বাগিছা তাতহে আছে

    খানজাদা বেগমে যিবোৰ চিত্ৰৰ ফালে ইংগিত কৰিছিল সেইবোৰ যেন অগ্নি শিখাৰদৰে উজলি আছিলসেইবোৰ যেন ৰং তুলিৰে অঁকা লতা-পাত নহয়, জুইৰ শিখাৰে অঁকা লতা-পাতহে ।

    কিন্তু এইষাৰ সঁচা কথা কোৱাৰ কাৰণে বায়েকৰ ওঁঠত দুষ্টালি ভৰা হাঁহি আৰু অভয় বিচৰাৰ কাৰণ বাবৰে উপলব্ধি কৰিব নোৱাৰিলে ৷ মাথোন এটা কথাই তেওঁৰ মনলৈ আহিল বায়েকে হয়তো বাহিৰৰ লতা-পাতলৈ ইংগিত কৰি চমৰকন্দত থকা তেওঁৰ বাগদত্তা আয়েচা বেগমৰ কথাকে বুজাব খুজিছে। সেয়ে তেওঁ মাথোন বায়েকক শলাগি ক'লে—— আপুনি ঠিকেই কৈছে, মোৰেই ভুল হৈছিল।

    এইদৰে হাঁহি ধেমালিৰ মাজেদি তেওঁলোকে গৃহ পৰিদৰ্শন কৰি এটা সময়ত অভিভূতৰ দৰে ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল।

    তেওঁলোকৰ চকুমুখত কৌতুক আৰু আনন্দৰ অভিব্যক্তি দেখি ফজিলুদ্দিন উৎসাহিত হৈ উঠিল।

    বাবৰ ছাউনীলৈ উভতি আহি শিল্পকৰ্মৰ পুৰস্কাৰ হিচাপে ফজিলুদ্দিনক খিলাত (ৰজা-বাদচাহসকলে কোনো উপাধি দিওঁতে তাৰ লগত দিয়া সাজ-পাৰ) দিলে আৰু সম্পূৰ্ণৰূপে সুসজ্জিত কৰি এটা ঘোঁৰা দিবলৈ কাশিম বেগক আদেশ দিলে

    পুৰস্কাৰ ঘোষণা কৰা দেখি ফজিলুদ্দিনৰ চকু আনন্দত চলচলীয়া হৈ উঠিল। খানজাদা বেগমে ফজিলুদ্দিনৰ ফালে চাই মিচিকিয়াই হাঁহিলে

    সেই হাঁহিৰ অৰ্থ উপলব্ধি কৰি ফজিলুদ্দিনৰ দেহ-মন শিহৰিত হৈ উঠিল।

 

 

    উশ্বৰ চাৰিওফালে তেতিয়া বসন্তৰ আগমন হ'বলৈ আৰম্ভ কৰিছিল। বায়ুমণ্ডলত কিঞ্চিত পৰিমাণো ধূলিৰ লেশ নাছিল

    ওপৰত সুনীল নির্মল আকাশ। তলত হিমাচ্ছাদিত পাহাৰ৷ পাহাৰৰ পাদদেশত বিশাল বিস্তৃত সেউজ শ্যামল প্রান্তৰ৷ প্ৰান্তৰবোৰ সেউজীয়া সাগৰৰ দৰে প্ৰতীয়মান হৈ আছিল৷

    বাবৰ উপাসনা গৃহ পৰিদৰ্শন কৰি আহি উশ্ব চহৰৰ এক সুউচ্চ প্রাসাদত অলসভাবে বহি সেই সৌন্দৰ্যসম্ভাৰ উপভোগ কৰি আছিল

    উজগন্ত, মাৰ্গিলান, ইচ্‌ফাৰা, খোজন্দ, আশ্বান, আখচী আদি চহৰবোৰ কত কত হ'ব পাৰে বহি বহি বাবৰে তাকেই অনুমান কৰিবলৈ যত্ন কৰি আছিল।প্ৰতিখন চহৰ মানসপটত ভাহি উঠাৰ লগে লগে চহৰবোৰৰ পুষ্পিত ফেনিল উদ্যানসমূহো তেওঁৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিবলৈ ধৰিলে। তেওঁৰ কল্পনাত ওখ ওখ পৰ্বতশ্রেণীয়ে আগুৰি থকা মোহময়ী ফাৰগানা ফলে ফুলে সুৰভিত এখন নয়না-ভিৰাম পুষ্প উদ্যান আৰু বেহেস্তৰ টুকুৰাৰ দৰে প্ৰতীয়মান হ'বলৈ ধৰিলে।

     লগে লগে বাবৰৰ কল্পনা বিলাসী মন কল্পলোকলৈ উৰা মাৰিলে। কল্পনালোকত ভাহি উঠা দৃশ্যবোৰ তেওঁ লিপিবদ্ধ কৰিবলৈ মন মেলিলে আৰু পৰিচাৰকসকলক কাগজ-কলম আনিবলৈ নিৰ্দেশ দিলে।

    পৰিচাৰকসকলে এখন ছঠেঙীয়া চাপৰ মেজ আনি বাবৰৰ সন্মুখত পাৰি দি কাগজ-কলম আনি দিলে।

    বাবৰে ৰোজ নামচা (ডায়েৰী)খন খুলিলৈ লিখিবলৈ বহিল।ৰোজ নামচাখনৰ ওপৰত লেখা আছিল 'বকাই' (প্রথমে তেওঁ ৰোজ নামচাখনৰ নাম 'বকাই' দিছিল)।

    তেওঁ ইচ্‌ফাৰাৰ কাজু বাদাম আৰু কুঁহিয়াৰৰ বিষয়ে লিখিবলৈ মন মেলিলে আৰু নিজ চকুৰে দেখা অৱস্থাৰ বিষয়ে একাগ্রচিত্তে লিখি যাবলৈ ধৰিলে হঠাৎ বাবৰৰ একাগ্ৰতাত বাধা পৰিল। কোনো ধৰণৰ অনুমতি নিবিচৰাকৈয়ে হঠাৎ কাশিম বেগ কক্ষৰ দুৱাৰ মুখলৈকে সোমাই আহিল।

    তেওঁ দুৱাৰৰ কাষত ৰৈ ক্ষমা খোজাৰ ভংগীত মূৰ দোঁৱাই ক'লেঅপৰাধ মার্জনা কৰিব জাহাঁপনা৷ আপোনাৰ পৱিত্ৰ কামত ব্যাঘাত জন্মোৱাৰ বাবে ম‍ই দুঃখিত। বুখাৰাৰপৰা চুলতান আলী খাঁই কিছু জৰুৰী সংবাদ দি পত্ৰপ্ৰেৰণ কৰিছেপত্রবাহকজন বর্তমান আপোনাৰ দৰ্শনৰ অপেক্ষাত বাহিৰত ৰৈ আছে।

    বিৰক্ত হৈ বাবৰে কিঞ্চিত খঙেৰে কলম মেজৰ ওপৰত নমাই থৈ কাশিম বেগক সোমাই আহিবলৈ ইংগিত কৰিলে।

    অনুমতি পাই কাশিম বেগ ভিতৰলৈ সোমাই আহি গোলকৈ মেৰিওৱা ৰজকীয় পত্ৰ এখন সসন্মানে বাবৰলৈ আগবঢ়াই ক'লেএইয়া সেইখন পত্র জাহাঁপনা৷ বাবৰে কাশিম বেগৰ হাতৰপৰা পত্ৰখন লৈ পত্ৰৰ ওপৰত থকা আঙুলিৰ ছাপ চাই পত্ৰখন খুলি মনোযোগেৰে পঢ়িবলৈ ধৰিলে                                                                                             পত্ৰখন পঢ়ি অঁতাই তেওঁ কাশিম বেগলৈ মূৰ তুলি চাই কিঞ্চিত প্রশ্নবোধক সুৰত ক'লেচুলতান আলী খাঁই আমাক তেওঁৰ লগত লগলাগি চমৰকন্দ আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছে!

    কাশিম বেগে খন্তেক মনে মনে থাকি চিন্তিত কণ্ঠত কলেএফালে আমি চমকন্দৰ লগত শান্তি চুক্তি কৰিছোঁ আৰু আনফালে চুলতান আলী খাঁৰ লগত যুদ্ধত সহযোগিতা কৰাৰ কাৰণে বুজা-পৰা কৰিছোঁ৷ গতিকে এইক্ষেত্ৰত আমি এক সুচিন্তিত পদক্ষেপ গ্ৰহণ কৰাটো উচিত হ'ব। দুজনৰ ভিতৰত কোন আমাৰ প্রকৃত মিত্র এই কথা আমি প্রথমে পর্যালোচনা কৰিহে পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে অগ্ৰসৰ হ'ব লাগিব। এইক্ষেত্ৰত শান্তি চুক্তি ভংগ কৰি হ'লেও আমি চুলতান আলী খাঁৰ লগত সহযোগিতা কৰাটোৱে উচিত ছ'ব বুলি মই ভাবোকাৰণ বুখাৰাৰ বাদচাহ চুলতান আলী খাঁহে আমাৰ প্ৰকৃত বন্ধুমোৰ মতে তেওঁৰ লগত আমাৰ আগৰ কোনো শত্ৰুতা নাছিল৷ চমৰকন্দৰ বাদচাহ বলৈ গলে প্ৰকৃতাৰ্থত আমাৰ শত্ৰুহেসন্ধিৰ জৰিয়তে কিছুমান চৰ্ত সাপেক্ষে আমি তেওঁৰ লগত বন্ধুত্ব গঢ়ি তুলিছোঁ। বায়সংকুৰে সুযোগ পালে যিকোনো মুহূৰ্তত আমাৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰিব পাৰেগতিকে চুলতান আলী খাঁৰ লগত সহযোগিতা কৰি সন্ধিৰ চৰ্ত ভংগ কৰিলে আমাৰ কোনো অপৰাধ নহ'ব।

    বাবৰে কাশিম বেগৰ যুক্তি খণ্ডন কৰি ক'লেযুদ্ধৰ জৰিয়তে আমি তাৎক্ষণিক ভাবে চমৰকন্দৰ বাদচাহক জোকাই লোৱাটো উচিত নহ'ব বুলি মই ভাবোঁ। বাৰু, এই বিষয়ে ম‍ই আম্মাজানৰ লগত পৰামৰ্শ কৰিহে সিদ্ধান্ত ল'ব বিচাৰোঁ।

    যিকেনো মহত্বপূর্ণ কামত বাবৰে মাক কুতলুগ নিগাৰ বেগমৰ পৰামৰ্শ বিচাৰিছিল। কাশিম বেগে এই কথা মুঠেই ভালপোৱা নাছিলসিদিনাও বাবৰে মাকৰ লগত পৰামৰ্শ কৰাৰ কথা কোৱাত কাশিম বেগ মনে মনে অসন্তুষ্ট হ'; কিন্তু তেওঁ মুখ ফুটাই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। তেওঁ মনে মনে ভাবিলেমাকৰ লগত পৰামৰ্শ কৰাৰ কি প্ৰয়োজন? তিৰোতা মানুহে যে যুদ্ধ পছন্দ নকৰে এয়াতো স্পষ্টই! যুদ্ধ, কাজিয়া এইবোৰ বীৰৰ মহত্ব। যুদ্ধ-বিগ্রহই বীৰৰ যশস্যা বৃদ্ধি কৰে। যুদ্ধই হ'ল স্বেচ্ছাচাৰী, যুদ্ধ পিপাসু বেগসকলক হাত মুঠিত ৰখাৰ একমাত্র উপযুক্ত উপায়। বেগসকলৰ পেট মাথোন ৰুটীৰে ভৰাব পৰা নাযায়খাপৰপৰা তৰোৱাল উলিয়াবলৈ অৱসৰ দি সিহঁতক তেজৰ সোৱাদ দিয়াও প্রয়োজন। বহুদিন কোষাবদ্ধ হৈ থকা তৰোৱালৰ মামৰ একমাত্ৰ যুদ্ধৰ জৰিয়তেহে গুচাব পাৰিবীৰৰ তৰোৱালত মামৰে ধৰা শোভা নাপায়

            কাশিম বেগে মনে মনে এইবোৰ কথা ভাবিলেও মুখ ফুটাই মাথোন ক'লেবাৰু, আপুনি বিচাৰিছে যেতিয়া তাকে কৰক ।

    বাবৰে কাগজ-কলম সামৰি থৈ মাকৰ লগত পৰামৰ্শ কৰিবলৈ ওলালকাশিম বেগেও অসন্তুষ্ট চিত্তে বাবৰৰ পিছে পিছে খোজ ল'লে

    কুতলুগ নিগাৰ খানম নিজৰ কোঠালিত বহি খানজাদা বেগমৰ সৈতে শিক কাবাব খাই আছিল। (কাবাব হ'ল মাংস জুইত সেকি বনোৱা একপ্ৰকাৰ খাদ্য)

    বাবৰক কোঠালিৰ ভিতৰলৈ সোমাই অহা দেখি মাক-জীয়েক দুয়ো বাবৰকলৈ ব্যস্ত হৈ পৰিল ।

    খানজাদা বেগমৰ নিৰ্দেশত পৰিচাৰিকাসকলে বাবৰৰ বাবে বিছনা পাৰি দিলে। বাবৰ কাশিম বেগৰ লগত বিছনাত বহিল। এজনী পৰিচাৰিকাই দুখন সোণৰ থালত শিক কাবাব আনি বাবৰ আৰু কাশিম বেগৰ সন্মুখত থ'লে। আটায়ে নীৰৱে শিক কাবাব খোৱাত মনোনিবেশ কৰিলে ।

    শিক কাবাব খোৱাৰ পাছত কিমীজ অনা হ'ল। কিমীজ খোৱাৰ পাছতো আটায়ে কিছু সময় মৌন হৈ ৰ'ল ।

    বাবৰৰ মৌনতা দেখি কাশিম বেগ পেটে পেটে বিৰক্ত হৈ উঠিল ৷ কোনেও একো নুকোৱা দেখি তেওঁ অৱশেষত মুখ খুলিবলৈ বাধ্য হ'ল। তেওঁ দাঢ়িত লাগি থকা কিমীজৰ টোপালবোৰ হাতেৰে জোকাৰি পেলাই কুতলুগ নিগাৰ বেগমলৈ উদ্দেশ্য কৰি ক'লেমহামান্য বেগম চাহিবা, আমি বুখাৰাৰ বাদচাহ চুলতান আলী খাঁৰ লগত উভয়ে উভয়ক যুদ্ধত সহযোগিতা কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছোঁ। গৰমকালিয়ে সেই সহযোগিতা কৰাৰ কথাগৰমকালি আহিবৰ হ'লেই........

    কাশিম বেগে ইচ্ছাকৃতভাৱেই পত্ৰৰ কথা প্ৰকাশ নকৰিলে।

    বহু কষ্টৰ পাছত আল্লাহই আমাক সুখ-স্বচ্ছন্দ্যৰে জীৱন যাপনৰ অৱসৰ দিছে। কুতলুগ নিগাৰ বেগমে কাশিম বেগৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি পৰামৰ্শৰ সুৰত ক'লে- আমি আল্লাহৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰা উচিত। চমৰকন্দৰ বাদচাহ বায়সংকুৰ চুলতান আলী খাঁৰ ভায়েকভায়েকে সিংহাসনত বহাৰ কাৰণে চুলতান আলী খাঁ অসন্তুষ্ট। ফলত তেওঁ ভায়েকক সিংহাসনৰ পৰা খেদি নিজে চমৰকন্দৰ বাদচাহ হ'ব খুজিছে। এয়া চুলতান আলী খাঁৰ অনুচিত সিদ্ধান্ত। আমাৰ বাদচাহৰ আন্দিজানত নিজৰ সিংহাসন আছে। গতিকে লোকৰ সিংহাসনলৈ লোভ কৰি বিপদ চপাই লোৱাটো কোনোপধ্যে উচিত নহ'ব এই সময়ত

    কাশিম বেগ পেটে পেটে অসন্তুষ্ট হ'ল যদিও কোনো মন্তব্য নকৰি মনে মনে থাকিল

    খানজাদা বেগমে মাকক সমৰ্থন কৰি ক'লেযুদ্ধ মানেই মিছা ৰক্তপাত আৰু অযথা খৰচঅশান্তিও কম নহয়। চমৰকন্দৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিলে অশান্তিৰ লগতে যথেষ্ট খৰচো হ'ব। গতিকে যুদ্ধৰ বাবে খৰচ নকৰি সেই ধনেৰে নতুন সৌধ আৰু শিক্ষানুষ্ঠান নিৰ্মাণ কৰাটো উত্তম হ'ব। বৰ্তমান আন্দিজানৰ সভ্যতা আৰু ভব্যতাক আটায়ে চমৰকন্দৰ লগত তুলনা কৰি আছে। আমি আন্দিজানৰ ইয়াতকৈও বেছি উন্নতি হোৱাটো বাঞ্ছা কৰোঁ৷ আমাৰ বাদচাহৰ নামো মির্জা উলুগ বেগৰ দৰে চৌদিশে বিয়পি পৰাটো আমি কামনা কৰোঁ। (মির্জা উলুগ বেগৰ দিনত চমৰকন্দৰ প্রভূত উন্নতি হৈছিল) মই বহুদিনৰপৰা এই সপোন দেখি আহিছোঁ। আল্লাহই এইবোৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমাৰ বাদচাহক সহায় কৰক৷

    বাবৰে ধেমেলীয়া হাঁহিমাৰি ক'লেআন্দিজানক চমৰকন্দৰ সমকক্ষ কৰি গঢ়ি তুলিবলৈ হ'লে, চমৰকন্দৰ সভ্যতা ও ভব্যতাক নিজ চকুৰে চাই অহাটো জানো উচিত নহ'? সেইবোৰ চাই অহাৰ পাছতো আন্দিজানত সৌধ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব পাৰে দেখোন!

    বাবৰৰ কথাত কাশিম বেগৰ উৎসাহ বাঢ়ি গ'ল। তেওঁ বাবৰক সমৰ্থন কৰি ক'লেআপুনি যথাযোগ্য কথা কৈছে, জাহাঁপনা ৷

    আমাৰ বাদচাহে জানো ল'ৰালিতে চমৰকন্দ দেখা নাই? কুতলুগ নিগাৰ বেগমে বাবৰৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ উদ্দেশ্য ক'লে।

    হয় দেখিছোঁ। কিন্তু দেখিছিলোঁ পাঁচ বছৰ বয়সত। এতিয়া মোৰ বয়স পোন্ধৰ বছৰ। সেইবোৰৰ একো মনত নাই এতিয়া। বাবৰে মাকৰ যুক্তি খণ্ডন কৰিলে।

     খানজাদা বেগম মনে মনে কিছু বিৰক্ত হৈ ধেমালিৰ চলেৰে বাবৰক স্মৰণ কৰালেআৰু যোৱা বছৰ?  যোৱা বছৰ আপুনি চমৰকন্দলৈ যুদ্ধ কৰিবলৈ গ'ল আৰু আমি ইচাটি-বিচাটি কৰি সাতমাহ কাল অতিবাহিত কৰিব লগা হ'ল। সেই কথা জানো এই কেইদিনতে পাহৰি গ'ল আপুনি ?

    বাবৰৰ ক্ৰযোৰ কোঁচ খাই গ'বায়েকে কোৱা কথা মিছা নহয়যোৱা বছৰ তেওঁ চমৰকন্দ আক্ৰমণ কৰিবলৈ গৈ চমৰকন্দৰ আশে-পাশে শিবিৰ পাতি তিনিমাহ চুলতান আলী খাঁৰ অপেক্ষাত অতিবাহিত কৰি আহিছে। কিন্তু চুলতান আলী খাঁ সময়মতে গৈ নোপোৱাত যুদ্ধৰ আশা বাদ দি নিৰাশ মনেৰে উভতি আহিব লগা হৈছিল তেওঁ ।

    বাবৰে বায়েকৰ কথা সমৰ্থন কৰি ক'লেহয়, আপুনি কোৱা কথা সঁচা যোৱা বছৰ আমি চমৰকন্দ আক্ৰমণ কৰিবলৈ গৈ চুলতান আলী খাঁৰ আগমনৰ অপেক্ষাত তিনিমাহ চমৰকন্দৰ আশে-পাশে শিবিৰ পাতি থাকি আহিছোঁ। চুলতান আলী খাঁ গৈ পোৱাৰ আগতেই বাবা চাহিব দৰজা বন্ধ হৈ যোৱাত আমি নিৰাশ মনেৰে উভতি আহিবলগীয়া হৈছোঁ। দূৰৰপৰা ম‍ই চমৰকন্দৰ ঐশ্বৰ্য, সভ্যতা ও ভব্যতাৰ উষ্ম উত্তাপ অনুভৱ কৰি আহিছোঁসূৰ্যৰ কিৰণ পৰি জিলিকি থকা সৌধ চূড়া, সমগ্র সমতল ভূমি চাদৰৰ দৰে আবৃত কৰি ৰখা সেউজ শ্যামল প্রান্তৰ যেন এতিয়াও মোৰ চকুৰ আগত ভাঁহি আছে। চমৰকন্দৰ সেই ঐশ্বৰ্য বিভূতি, নয়নাভিৰাম প্রাকৃতিক সৌন্দর্যই আজিও যেন মোক হাত বাউলি মাতি থাকে৷ মানস চকুত সেইবোৰ দৃষ্টিনন্দন দৃশ্য কল্পনা কৰি আজিও মই অভিভূত হৈ পৰোঁ৷

    বাবৰে শেষৰ শব্দকেইটা উত্তেজনাত কঁপা কঁপা মাতেৰে উচ্চাৰণ কৰিলে । তেওঁৰ উত্তেজিত কম্পিত কণ্ঠস্বৰ, চকুৰ উদাস দৃষ্টি আৰু মুখমণ্ডলৰ প্ৰসন্ন অভিব্যক্তি দেখি এনেকুৱা অনুমান হ'ল যেন তেওঁক সঁচাকৈয়ে উলুগ বেগৰ মহান চহৰখনে হাত বাউলি মাতি আছে

    উলুগ বেগৰ ৰাজত্বকালত চমকন্দৰ সভ্যতা ও ভব্যতাই চৰম সীমা স্পৰ্শ কৰিছিল। উলুগ বেগৰ পাছত চুলতান আহম্মদে চমৰকন্দৰ শাসনভাৰ গ্ৰহণ কৰে৷ চুলতান আহম্মদৰ মৃত্যুৰ পাছত তেওঁৰ ভায়েক চুলতান মাহমুদ সিংহাসনত আৰোহণ কৰে। চুলতান মাহমুদৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক বায়সংকুৰে সিংহাসনত আৰোহণ কৰি শাসনকার্য চলাই আছে।

    বায়সংকুৰ বাবৰতকৈ পাঁচ বছৰৰ ডাঙৰ। বায়সংকুৰো তৈমূৰ বংশীয়। তৈমূৰৰ দৰেই বায়সংকুৰ লোভী, মহত্বাকাংখী আৰু যুদ্ধপ্ৰিয়। বায়সংকুৰৰ দেউতাক চুলতান মাহমুদে নিজ বাহুবলেৰে চমৰকন্দৰ সিংহাসন দখল কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পাছত বায়সংকুৰে উত্তৰাধিকাৰ সূত্ৰে সিংহাসনত আৰোহণ কৰি শাসনভাৰ চম্ভালি আছে।

    আন্দিজানৰ বেগসকলৰ মতে বায়সংকুৰ অবৈধভাৱেহে চমৰকন্দৰ সিংহাসন দখল কৰি আছেসিংহাসনৰ প্ৰকৃত উত্তৰাধিকাৰী বাবৰহে। কাৰণ বাবৰৰ দেউতাক ওমৰ শ্বেখে এটা সময়ত চমৰকন্দৰ সিংহাসন দখল কৰিছিল আৰু চুলতান আহম্মদে অবৈধভাৱে ওমৰ শেখক সিংহাসনৰপৰা বঞ্চিত কৰি নিজে বাদচাহ হৈছিল। সেই কাৰণে বেগসকলৰ মতে চুলতান আহম্মদৰ পাছত বাবৰহে সিংহাসনৰ প্ৰকৃত বৈধ উত্তৰাধিকাৰী। গতিকে আন্দিজানৰ বেগসকলে বায়সংকুৰৰ হেজাৰটা দোষ খুচৰি উলিয়াই বহুদিনপৰা বাবৰক চমৰকন্দ আক্ৰমণ কৰিবলৈ উচটাই আছিল। সেই উচটনিতে তেওঁ চমৰকন্দ আক্ৰমণ কৰিবলৈ গৈ তিনিমাহ ছাউনী পাতি থাকি উভতি আহিছে।

    বায়সংকুৰে আন্দিজানৰ বেগসকলৰ এই মনোভাবৰ কথা আগতীয়াকৈ গম পাইছিল আৰু বাবৰ গৈ বাবা চাহিব চহৰৰ উপকণ্ঠত ছাউনি পতাৰ লগে লগে তেওঁ ভয় বিহ্বল হৈ বাবৰে যাতে চহৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰিছিল

    অৱশ্যে বায়সংকুৰে সৈন্য-সামন্ত নোলোৱকৈ চহৰত প্ৰৱেশৰ বাবে বাবৰক আমন্ত্ৰণ জনাইছিল; কিন্তু সেই আমন্ত্ৰণৰ অন্তৰালত বায়সংকুৰৰ কূটচক্রান্ত নিহিত হৈ আছিল চহৰত প্ৰৱেশ কৰিলে বাবৰক বন্দী কৰি বধ কৰাৰ বাবে তেওঁ কৌশল ৰচনা কৰিছিল। কিন্তু গুপ্তচৰৰ মুখৰপৰা কথাটো আগতীয়াকৈ গম পাই বাবৰে সেই জালত ধৰা নিদিলে। এই আমন্ত্ৰণৰ পাছৰপৰা উমি উমি জ্বলি থকা প্ৰতিহিংসাৰ জুইকুৰা যেন বৰ্তমান দপদপাই জ্বলি উঠিছে। বেগসকলে সেই জুইকুৰাত সময় সুযোগ বুজি মাজে সময়ে সাৱধানেৰে বতাহ দি আছে। যুদ্ধৰ বাবে আজিৰ আহ্বানো সেই প্রতিহিংসাৰে ফল

    কুতলুগ নিগাৰ বেগমে তেওঁৰ পোন্ধৰ বছৰীয়া পুতেকে সাংঘাতিক কোনো যুদ্ধ-বিগ্ৰহত লিপ্ত নহৈ নিজৰ সাম্ৰাজ্যতে শান্তিপূর্ণভাবে ৰাজত্ব কৰাটো কামনা কৰে। সেয়ে তাই বাবৰৰ চিন্তাক্লিষ্ট আৰু উত্তেজিত মুখৰফালে স্নেহপূর্ণ দৃষ্টি নিক্ষেপ কৰি মাতৃসুলভ আশংকা প্ৰকাশ কৰি ক'লেবাবৰজান, (কুতলুগ নিগাৰ বেগমে বাবৰক মৰমতে বাবৰজান বুলি মাতিছিল) এই বিচিত্রময় কূটিল পৃথিবীৰ কূটিলতা উপলব্দিৰ বয়স এতিয়াও আপোনাৰ হোৱা নাইমাকে বাবৰক ল'ৰালিতে মাতা নামেৰে সম্বোধন কৰি কিছু সময়ৰ কাৰণে তাই বাবৰৰ শৈশৱলৈ উভতি গ'তেতিয়াৰ বাবৰে যুদ্ধ আৰু সিংহাসনৰ কথা চিন্তা কৰা নাছিল। তাই বাবৰক আপত্য স্নেহেৰে বুকুৰ মাজত ধৰি ৰাখিছিল তেতিয়াবাবৰেও মাকৰ বুকুত নিৰাপদ আশ্রয় খুজিছিল। তেতিয়া বাবৰ আছিল মাকৰ মৰমৰ বাবৰজান

    বাবৰজান কেতিয়া বাবৰলৈ ৰূপান্তৰ হ'?  কত হেৰাই গ'ল সেই ল'ৰালিৰ ঠেহ, ভেম, ধেমালি ? এতিয়াও জানো বাবৰক বুকুৰ মাজত আঁকোৱালি ধৰি ৰখা সম্ভৱ? পখিৰ পাখী গজিছেএতিয়া উৰিবলৈ শিকিছে। নীলিম আকাশৰ নীলিম সৌন্দর্যই পখিটোক হাত বাউলি মাতিছে। পিঞ্জৰাৰ চাৰিবেৰ ভাঙি ওলাই যাবলৈ ছট্‌ফটাই আছে সেই পাখি।

    কিন্তু নীলিম আকাশৰ নীলিমাৰ যে কোনো অস্থিত্ব নাইসেইয়া মাথোন পোহৰৰ বিচ্ছুৰিত ৰশ্মিৰ লুকাভাকু খেলা এই কথা কোনে বুজাব এতিয়া বাবৰক !

    আকাশখন মাথোন সীমাহীন শূন্যতাঅন্ধকাৰ, উল্কা, বিদ্যুতৰ তাণ্ডৱৰে ভৰা ৷

    যুদ্ধয়ো মানুহক আকাশৰ দৰে হাত বাউলি মাতেলোভ-লালসা, মহত্বাকাংক্ষা, ক্ষমতাৰ পণ্য সম্ভাৰৰ পোহাৰ মেলি মানুহক আকৰ্ষণ কৰে।

    যুদ্ধ অনিশ্চয়তাৰ খেল। যুদ্ধই কেতিয়াবা তুলি ধৰে আকাশলঙ্ঘী ক্ষমতা, যশৰ সুউচ্চ শিখৰলৈ কেতিয়াবা আকৌ পতিত কৰে সীমাহীন অন্ধকাৰৰ অতল গহ্বৰলৈ। অন্ধকাৰ গহ্বৰলৈ পতিত হ'লেই জীৱনলৈ নামি আহে সংশয়, কৰণ হিমশীতল মৃত্যু।

    কথাবোৰ ভাবিয়ে কুতলুগ নিগাৰ বেগম উৎকণ্ঠাত কঁপি উঠিল৷ তাই স্নেহার্দ্ধ দৃষ্টিত বাবৰলৈ চাই উপদেশৰ সুৰত ক'লেসময়ত আপোনাৰ চমৰকন্দ বিজয়ৰ সপোন নিশ্চয় ফলৱতী হ'আপুনি বৰ্তমান কিছুদিনৰ কাৰণে ধৈর্য ধৰক। আপোনাৰ সহায়ৰ বাবে কাশিম বেগৰ দৰে সুদক্ষ বিচক্ষণ উজীৰ এ আজম আছে। বল-বিক্রম বীৰত্বত অদ্বিতীয় সৈন্য-সামন্ত আছে। গতিকে চমৰকন্দ বিজয়ৰ সপোন বাস্তৱত ৰূপ দিবলৈ বেছিদিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব আপোনাৰ৷ মই আপোনাক অনুৰোধ কৰিছোঁআপুনি সদ্যহতে চমৰকন্দ বিজয়ৰ চিন্তা ত্যাগ কৰক ৷ আপুনি নির্মাণ কার্যত মনোনিবেশ কৰক। আপোনাৰ ওচৰত সুদক্ষ ভাস্কর্যবিদ ফজিলুদ্দিন আছে। গতিকে আপুনি আন্দিজান, মাৰ্গিলান আৰু উশ্বত ধুনীয়া ধুনীয়া সৌধ আৰু শিক্ষানুষ্ঠান নিৰ্মাণ কৰি সেইবোৰৰ জৰিয়তে শত্ৰুৰ মোকাবিলা কৰক

    কুতলুগ নিগাৰ বেগমে বহুদিনৰপৰা বাবৰৰ কোনো কামত এইদৰে দৃঢ়ভাৱে বিৰোধিতা কৰা নাই। যদি কোনো কোনো ক্ষেত্ৰত কৰিছেও সেইয়া অত্যন্ত মৃদুভাৱে কৰিছে; সেয়ে কুতলুগ নিগাৰ বেগমৰ আজিৰ এই দৃঢ়তাপূৰ্ণ কথা শুনি কাশিম বেগে নিঃসহায়ৰ দৰে তলমূৰ কৰিলে ।

    বাবৰে পিয়লাৰ দাঁতিত লাগি থকা কিমীজৰ সোণোৱালী প্রতিবিম্বৰ প্ৰতি দৃষ্টি নিৱদ্ধ কৰি বেগসকলক কি বুলি সান্ত্বনা দিব তাকে ভাবিবলৈ ধৰিলে৷

    কুতলুগ নিগাৰ বেগমৰ দৃঢ় বিৰোধিতাত বাবৰ আৰু কাশিম বেগৰ মুখৰ মাত নাইকিয়া হ'ল। কোঠালিটো অস্বাভাৱিক ধৰণে নীৰৱ হৈ পৰিল। কাশিম বেগৰ চকু-মুখত ফুটি উঠিল হতাশা ও বিষন্নতা। একেধৰণে বাবৰৰ চকু-মুখত ফুটি উঠিল দুঃশ্চিন্তাৰ অভিব্যক্তি।

    কেইটামান নীৰৱ মুহূৰ্ত পাৰ হোৱাৰ পাছত খানজাদা বেগমৰ স্পষ্ট আৰু গাম্ভীৰ্যপূৰ্ণ শব্দই নীৰৱতা ভংগ কৰিলেজাহাঁপনা, নবাই (চমৰকন্দৰ তেতিয়াৰ এজন বিশিষ্ট কবি)ৰ নজম (কবিতা)ৰ কথা নিশ্চয় আপোনাৰ মনত আছে। মনত পেলাওঁক, ফৰহাদে কিমান ধুনীয়া ধুনীয়া সৌধ নির্মাণ কৰিছিল। আপোনাৰ বায়েকেও আপোনাক ফৰহাদৰ দৰে সৌধ নিৰ্মাণকাৰীৰ ৰূপত চাব খুজে। পৃথিবীত সৌধ নির্মাণতকৈ বেলেগ কোনো ভাল কাম আছে বুলি মই কল্পনাই কৰিব নোৱাৰোঁ।

    বায়েকৰ কথাত বুৰাতান পাহাৰত নিৰ্মিত উপাসনা গৃহত অতিবাহিত কৰা সময়খিনিৰ কথা বাবৰৰ মনত পৰি গ'তেওঁ ভাবিবলৈ বাধ্য হ', বায়েকে কোৱা কথা মিছা নহয়। ফৰহাদৰ প্রসিদ্ধি শ্রেষ্ঠতম প্রসিদ্ধিফৰহাদ অমৰ হৈ আছে তেওঁৰ শিল্প কৰ্মৰ মাজত। তেৱোঁ ফৰহাদৰ দৰে প্রসিদ্ধি লাভ কৰিব বিচাৰে । মাকে কোৱা কথাও মিছা নহয়। চমৰকন্দ অৱশ্যে যিকোনো মুহূৰ্তত আক্রমণ কৰিব পৰা যাব। মাকৰ কথাত বহুতো সত্যও নিহিত হৈ আছে; কিন্তু বেগসকলক এই কথা বুজোৱা যায় কেনেকৈ? এই বিষয়ে একমাত্র কাশিম বেগেহে তেওঁক সহায় কৰিব পাৰিব বুলি বাবৰৰ ধাৰণা হ'ল ।

    গতিকে বাবৰে কাশিম বেগক প্ৰভাৱিত কৰাৰ কাৰণে ক'লেউজীৰ চাহাব, আমিও ফৰহাদৰ দৰে প্ৰসিদ্ধ হ'ব নোৱাৰোঁনে?

                  

    কথা-বতৰাৰ ধৰণে যে চমৰকন্দৰ ওপৰত আক্ৰমণ স্থগিত ৰখাৰ কথাকে সূচাইছে এই কথা উপলব্ধি কৰিবলৈ কাশিম বেগৰ অসুবিধা নহ'; কিন্তু সৈনিকসকলক যে এই সিদ্ধান্তই অসন্তুষ্ট কৰিব সেয়াও নিশ্চিত। বাবৰ অসম্ভৱ আৰু অস্বাভাৱিক কাম কৰি নিজৰ সাহস আৰু দক্ষতা প্ৰমাণ কৰিবলৈ আগ্ৰহী বুলিও তেওঁ জানে। এই ধাৰণাৰ বশৱৰ্তী হৈয়ে আটাইতকৈ বিখ্যাত আৰু শক্তিশালী বেগসকলে চমৰকন্দৰ ওপৰত আক্ৰমণ কৰাৰ কথা ভাবি আছে আৰু সেই যুদ্ধৰ বাবে বহু দিনৰপৰা আয়োজনো চলাই থকা হৈছে। কিন্তু হঠাৎ যদি বেগসকলে আক্ৰমণ স্থগিত ৰখাৰ কথা গম পায় সিহঁতে বিদ্ৰোহ কৰাও অসম্ভৱ নহয়দৌৰিবলৈ আৰম্ভ কৰা বলশালী ঘোঁৰাক হঠাৎ দৌৰিবলৈ বন্ধ কৰিব পৰা নাযায়, বল প্ৰয়োগ কৰি ৰখালেও হয় ঘোঁৰাৰ ৰাজহাড় ভাঙিব, নহ'লে আৰোহীক পিঠিৰপৰা পেলাই দিব। কাশিম বেগে এইবোৰ কথা মনতে ভাবিলে যদিও পোনপটীয়াকৈ প্ৰকাশ কৰিবলৈ সাহস নাপালে

    সেয়ে তেওঁ বুকুত হাত থৈ মূৰ দোঁৱাই অসহায়ৰ দৰে ক'লেজাহাঁপনা, আপোনাৰ দাস এই পৰিস্থিতিৰপৰা ওলাই আহিবলৈ বৰ্তমান অসমর্থ।

    বাবৰে চকু বিস্ফাৰিত কৰি ক'লেআমি আম্মাজানৰ কথা লঙ্ঘন কৰিম নেকি?

    এওঁলোকে মোৰপৰা কি বিচাৰেকাশিম বেগে মনতে কথাষাৰ ভোৰ- ভোঁৰালে । বাবৰে আজি মাক আৰু বায়েকক সন্তুষ্ট কৰিবলৈ যুদ্ধ স্থগিত ৰাখিব খুজিছে; কিন্তু কালিলৈকো যুদ্ধ আৰু বীৰোচিত কাৰ্যকলাপৰ কথা কৈ আছিলইফালে কুতলুগ নিগাৰ বেগমৰ কথা উপেক্ষা কৰাও সম্ভৱ নহয়।

    কিশোৰ পুতেকৰ ওপৰত মাকৰ প্ৰভাৱ দেখি কাশিম বেগ পেটে পেটে বিৰক্ত হৈ উঠিল। কোনোমতে তেওঁ নিজক সংযত কৰি শিষ্টতাপূর্ণ কণ্ঠত ক'লেমালিকা চাহিবাৰ প্ৰতিটো কথাই মোৰ বাবে আদেশ তুল্য। আপোনাৰ কথা লঙ্ঘন কৰাৰ সাহস বা ধৃষ্টতা মোৰ নাই। তথাপি মই এষাৰ কথা ক'বলৈ বাধ্য হৈছোঁ দেশৰ স্বাৰ্থৰ কথা ভাবি। যুদ্ধৰ বিষয়ে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আমি বেগসকলৰ লগত পৰামৰ্শ কৰাটো উচিত হ'ব মালিকা চাহিবা

    কাশিম বেগৰ প্ৰতি থকা বিশেষ অনুগ্ৰহৰ চিহ্ন হিচাপে তেওঁৰ নামৰ আগত আমিৰ উল উমৰাহ' (বয়সিয়ালসকলৰ ৰজা) উপাধি প্ৰদান কৰা হৈছিল। কুতলুগ নিগাৰ বেগমে এই কথাষাৰ পাহৰা নাছিলসেয়ে তাই উপাধি ধৰি সম্বোধন কৰি ক'লেজ্বনাব আমিৰ উল উমৰাহ, এইদৰে সম্বোধন কৰিয়ে তাই কাশিম বেগৰ ফালে চাই স্নেহপূর্ণ হাঁহিমাৰি ক'লেআপুনি মাথোন বেগসকলৰ মনোভাব পৰিবৰ্তনৰ কাৰণে সহায় কৰিব, 'বনে?

    মোৰ জীৱন পণ মালিকা চাহিবাম‍ই বেগসকলৰ কিছু ইচ্ছাৰ কথা জানো৷ যদি আপুনি মোৰ কথাত ধৃষ্টতা নধৰে তেনেহ'লে সিহঁতৰ .......... এইদৰে কৈয়ে কাশিম বেগ ৰৈ গ'ল ৷

    কওঁক, ৰৈ গ'ল কিয়? কুতলুগ নিগাৰ বেগমে অভয় দিলে।

    কাশিম বেগে খন্তেক মনে মনে থাকি উদ্দেশ্যহীনভাবে মূৰটো ঘুৰালে৷ মূৰ ঘূৰোৱাত তেওঁৰ দাঢ়িৰ আগভাগে কান্ধ স্পৰ্শ কৰিলে। তাৰ পাছত তেওঁ চিধা হৈ বাবৰৰ ফালে চাই ক'লেবিশ্বৰ আতংক তৈমূৰ লং, উলুগ বেগ আদি মহান বাদচাহসকলৰ অধীনত বিশাল সেনাবাহিনী আৰু সাম্ৰাজ্য থকাৰ কাৰণে তেওঁলোকে চমৰকন্দত ভব্য সৌধ নিৰ্মাণ কৰাব পাৰিছিল। অদম্য সাহস, অধ্যাৱসায় আৰু মহত্বাকাংক্ষা আছিল তেওঁলোকৰ চালিকা শক্তি। বর্তমানৰ ফাৰগানা বিশাল যদিও মাউৰা উন্নহৰৰ তুলনাত তেনেই নগণ্য

    খানজাদা বেগমে কাশিম বেগৰ কথাৰ অৰ্থ বুজিব পাৰি কিঞ্চিত বিৰক্তি ভৰা কণ্ঠত সুধিলেআমাৰ ওচৰত মহান ভাস্কর্য শিল্পী বা সৌধ নিৰ্মাণৰ প্রয়োজনীয় সম্পদ নাই বুলি ক'ব খুজিছে নেকি আপুনি?

    বেগম চাহিবা, আন্দিজান ভব্যতা, সভ্যতা আৰু ঐশ্বৰ্যত চমৰকন্দৰ সমকক্ষ হ'ব লাগে বুলি আপুনি মতপোষণ কৰি আছে। এইকথা অৱগত হৈ প্ৰথমে যি সাম্রাজ্য আছিল তেনেকুৱা সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে বেগসকলে দাবী উত্থাপন কৰাটো স্বাভাৱিক৷ কৰিলে নিশ্চয় অযৌক্তিকো নহ'; কিন্তু সেয়া কৰিবলৈ হ'লে সকলো স্বাধীন বিকেন্দ্রীয় শক্তি একগোট কৰি হাতৰ মুঠিত অনাটো অতি জৰুৰী। বিনাযুদ্ধে এই কাম কৰা সম্ভৱ নহয়। কাৰ ছত্ৰছায়াত এই সমগ্র শক্তি একগোট কৰিব পৰা যাব? এই প্ৰশ্নৰ উত্তৰত আটায়ে প্ৰথমতে আমাৰ বাদচাহৰ নামটোকে উচ্চাৰণ কৰিব। এইয়া সম্ভৱ কৰিব পাৰিলেহে আপোনাৰ সপোন বাস্তৱায়িত কৰা সম্ভৱ হ'ব।

    কাশিম বেগৰ কথাই বাবৰক প্ৰভাৱিত কৰিলে। তেওঁ মাকৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে আগ্ৰহেৰে মাকৰ ফালে চালে। মাকে কি কাৰণত কাশিম বেগৰ কথাৰ প্ৰতিবাদ কৰি আছে তাক জানিবলৈও বাবৰ আগ্ৰহী হৈ উঠিল।

    কুতলুগ নিগাৰ বেগম নিৰ্বিকাৰ, নিজৰ মতত অচল-অটল। তাই কাশিম বেগৰ যুক্তি খণ্ডন কৰিবলৈ ক'লেজ্বনাব, একমাত্র তৈমূৰ লং আৰু উলুগ বেগেই সর্বশ্রেষ্ঠ সৌধ নিৰ্মাণ কৰা নাইহিৰাতত আলী শ্বেৰে ইখলাশ্বিয়া (নিষ্ঠা ভৱন), খালাশ্বিয়া (আৰোগ্য ভৱন) আৰু উন্সিয়া (মৈত্ৰী ভৱন) নামেৰে তিনিটা বিখ্যাত ভৱন নিৰ্মাণ কৰিছে৷ আমাৰ বাদচাহৰ শক্তি আলী শ্বেৰতকৈ মুঠেই কম নহয়৷ তদুপৰি আপোনাৰ দৰে পৰামৰ্শ দাতা থাকোঁতে এনেকুৱা কাম কৰাটো মুঠেই কঠিন নহ'ব।

    সঁচা কথা মালিকা চাহিবা, ময়ো আপোনাৰ কথা সমৰ্থন কৰোঁ।

    কাশিম বেগৰ কথাত বাবৰ আশ্বান্বিত হৈ উঠিল। মহান হিচাপে প্রতিষ্ঠিত হোৱাৰ বাবে তেওঁ সদায় লালায়িত। কেতিয়াবা মহান সৈনিক ৰূপে আৰু কেতিয়াবা কলমৰ দ্বাৰা উৎকৃষ্ট শায়েৰী লিখি মহান হোৱাৰ চিন্তাই বাবৰক আচ্ছন্ন কৰি ৰাখিছিল। আলী শ্বেৰ নবাইৰ দৰে মহান ব্যক্তিত্বৰ অধিকাৰী হ'বলৈও তেওঁ সপোন দেখিছিল। সৈনিকৰ খ্যাতি পৰিবৰ্তনশীলকেতিয়াবা বিজয়ৰ গৌৰৱেৰে দশোদিশ ৰজনজনাই যায়, কেতিয়াবা আকৌ পৰাজয়ৰ গ্লানিয়ে জীৱন দুর্বিসহ কৰি তোলেতেনেহ'লে তেওঁ মহান শায়েৰ হোৱা উচিত নেকি?  বাবৰে নিজকে নিজে প্ৰশ্ন কৰিলে আৰু শেষমুহূৰ্তত ভাবিলে, ইয়োতো অগম্য অৰণ্যত উৰিফুৰা চৰাই ধৰাৰ দৰে কথা

    সেই উৰিফুৰা চৰাইবিধ ধৰাৰ শক্তি তেওঁৰ খুবেই সীমিত। কিন্তু মাকে যিটো বাট দেখুৱাই আছে, বাটটো অৱশ্যে আগৰ দুটাতকৈ অপেক্ষাকৃতভাবে সুগম।

    আলী শ্বেৰ নবাইয়ে নিৰ্মাণ কৰা সৌধৰ খ্যাতি যদি ফাৰগানালৈ বিয়পি পৰিব পাৰে, তেনেহ'লে তেওঁ নিৰ্মাণ কৰা সৌধৰ খ্যাতি হিৰাতলৈকে বিয়পি নপৰিব কিয়? নিশ্চয় পৰিব। আলীশ্বেৰ নবাইৰ কাণতো পৰিব; তেতিয়া তেওঁ অৱশ্যেই জানিবলৈ আগ্ৰহী হৈ উঠিব কোন এই বাবৰ ? তেতিয়া অৱশ্যেই তেওঁৰ লগত পৰিচিত হোৱাৰ বাবে আলীশ্বেৰ নবাই আগ্ৰহী হৈ উঠিব। বাবৰেই হিৰাতলৈ যাওঁক নাইবা আলীশ্বেৰ নবাইয়ে আন্দিজানলৈ আহক দুয়োৰো মাজত অৱশ্যেই ভাব বিনিময় হ'ব। ইচ্ছা কৰিলে তেওঁ আলীশ্বেৰ নবাইৰ শিষ্যত্ব গ্রহণ কৰি ধন্য হ'বও পাৰিব তেতিয়া৷ এইবোৰ কথা ভাবি বাবৰ উত্তেজিত হৈ উঠিল ।

    উত্তেজনাত বাবৰৰ চকু ৰঙা হৈ উঠিল। তেওঁ আদেশাত্মক কঠোৰ সুৰত কাশিম বেগলৈ উদ্দেশ্য কৰি ক'লেআম্মাজানে আমাৰ ভুল সংশোধন কৰিছে যেতিয়া আমি তেওঁৰ পৰামৰ্শ অনুসৰি কাম কৰাটো উচিত হ'ব। আপুনি বেগসকলক যুক্তি-তৰ্কত পৰাস্ত কৰি যুদ্ধ স্থগিত ৰখাৰ উদ্যোগ লওঁক ।

    বাবৰৰ সিদ্ধান্তত কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগম প্ৰসন্ন হৈ উঠিল। তেওঁলোকে ভাবিলে, কাশিম বেগ যুক্তিত হাৰি গৈছে। এতিয়া তেওঁ তৰোৱাল কোষাবদ্ধ কৰিবলৈ বাধ্য৷

    কিন্তু তেওঁলোকে ভবামতে কাশিম বেগে হাৰ নামানিলেতেওঁ নিজৰ মতত অচল-অটল হৈয়ে থাকিল। কাৰণ বেগসকল এই ক্ষেত্ৰত তেওঁৰ লগত আছে বুলি তেওঁ ভালদৰেই অৱগত। সেয়ে তেওঁ অলপ দৃঢ়ভাবেই ক'লেজাহাঁপনা, আপোনাৰ আদেশ পালন কৰাৰ আগতে বেগসকলৰ আন এটা ইচ্ছাৰ কথা প্ৰকাশ কৰিবলৈ মোক অনুমতি দিয়ক।

    বাবৰে অনিচ্ছাসত্বেও সন্মতিসূচক মূৰ দুপিয়াই ক'লেবাৰু, কওঁক কি ক'ব খুজিছে?

    কাশিম বেগে নিজৰ ম'হশিঙীয়া গোঁফকোঁচাত হাত বুলাই নিৰ্ভীকভাবে খানজাদা বেগমলৈ চালে। (এনেকুৱা ধৃষ্টতা কাচিৎ কেতিয়াবাহে কৰিবলৈ বাধ্য হয় বেগ এজনে) তাৰ পাছত দৃঢ় নিৰ্ভীক কণ্ঠত ক'লেবেগম চাহিবা, আমাৰ বাদচাহক প্রসিদ্ধিত আপুনি ফৰহাদৰ লগত তুলনা কৰিছে। আজিৰ ফৰহাদৰ সেৱাত নিয়োজিত হ'ব পৰাটো বেগসকলৰ কাৰণে সঁচাকৈয়ে অতি গৌৰৱৰ কথা আৰু আমি- কাশিম বেগে অৰ্থপূৰ্ণ হাঁহি মাৰি ক'লেশিৰীৰ লগত ফৰহাদৰ মিলনৰ সপোন দেখি আছোঁ। কাশিম বেগে ৰহস্যময়ভাবে এইদৰে কৈয়ে খন্তেক ৰৈ পুনৰ গাম্ভীৰ্যপূৰ্ণ সুৰত ক'লেআমালোকৰ শিৰী আজিৰ ফৰহাদৰ কাৰণে চমৰকন্দত অধীৰভাবে অপেক্ষা কৰি আছে। বেচেৰীয়ে পিঞ্জিৰাবদ্ধ পখীৰ দৰে মুক্তিৰ অপেক্ষাত ছট্‌ফটাই আছে বুলি জানিব পাৰিছোঁ ৷

    কাশিম বেগৰ কথাত বাবৰৰ মুখমণ্ডল লাজত ৰঙা পৰি গ'

    কাশিম বেগে উত্থাপন কৰা প্ৰসংগটো অতি মর্মস্পর্শীতেতিয়াৰ চমৰকন্দৰ শাসক চুলতান আহম্মদৰ জীয়েক আয়চাৰ লগত বাবৰৰ পাঁচ বছৰ বয়সত বিয়া হৈছিল। (যিজন চুলতান আহম্মদে আখচী আক্ৰমণৰ আগমুহূৰ্তত বাদচাহ ওমৰ শেখৰ মৃত্যু হৈছিল আৰু আখচী আক্ৰমণ কৰিবলৈ অহাৰ বাটত কুবাশ্বায় নদীৰ দলং পাৰ হ'বলৈ গৈ কুৱাৰ এজন অসীম সাহসী যুৱক তাহিৰজানৰ তৎপৰতাত বিস্তৰ ক্ষতিৰ সন্মুখীন হ'বলগা হৈছিল। এই তাহিৰজানৰ বিষয়ে সময়ত আলোচনা কৰা হ'ব) আয়চাৰ বয়স তেতিয়া চাৰি বছৰ আছিল মাথোনসেই হিচাপে আয়চাৰ বর্তমান বয়স চৈধ্য বছৰ

    বিয়াৰ পাছৰপৰা বাবৰে আয়চাক কোনোদিন দেখা নাই। কিন্তু যিসকলে আয়চাক দেখিছে তেওঁলোকৰ মতে আয়চা বৰ্তমান গোলাপৰ পাপৰিতকৈয়ো বেছি সতেজ আৰু ধুনীয়া হৈ উঠিছে। চমৰকন্দৰ শাসক বায়সংকুৰে বৰ্তমান তাইক নজৰবন্দী কৰি ৰাখিছে আৰু তাই বৰ্তমান মুক্তিৰ অপেক্ষাত বাবৰলৈ আশা পালি দিন গণি আছে

    আয়চাৰ প্ৰসংগটো উত্থাপন হোৱাত কুতলুগ নিগাৰ বেগম হতাশ হৈ পৰিল। তাই প্ৰসংগটো সিমানতে সামৰিবলৈ ক'লেজ্বনাব, মির্জা বাবৰৰ এই দুৰ্ভাগ্যৰ কাৰণে আমিও দুঃখিত ও উদ্বিগ্ন। আয়চাৰ বায়েক ৰেজিয়া তাচকন্দৰ শাসক চুলতান মাহমুদৰ বেগমমই আপাজান মেহেৰ নিগাৰ খানমক আয়চাক তালৈ পঠোৱাৰ কাৰণে লিখি পঠাইছোঁহয়তো মোৰ ইচ্ছা ইমান দিনে পূৰণ হৈ গৈছে

    কাশিম বেগে শ্লেষ মিহলি কণ্ঠত কলেদুখৰ বিষয় মালিকা চাহিবা, আপোনাৰ সেই অনুৰোধ এতিয়ালৈকে আপোনাৰ বায়েকে পালন কৰিব পৰা নাই। আমাৰ বিশ্বাসী বেগ এজনে চমৰকন্দৰপৰা আমালৈ এই বিষয়ে এটি পত্র লিখি পঠাইছে। পত্ৰখন মই লাজত জাহাঁপনাক দেখুৱাব নাই

    কেনেকুৱা পত্র? বাবৰে অসহিষ্ণু কণ্ঠত উত্তেজিতভাবে সুধিলে

    বাবৰৰ উৎকণ্ঠা দেখি কাশিম বেগ মনে মনে উৎসাহিত হৈ উঠিল। তেওঁ গুৰু-গম্ভীৰ আৱেগিক কণ্ঠত চিঠিৰ বক্তব্য প্ৰকাশ কৰিলেআয়চা বেগমে মাহীয়েকৰ লগত তাচকন্দলৈ যাবলৈ যো-জা চলাই আছিল। বায়সংকুৰে কথাটো গম পাই তেওঁলোকক যাব দিয়া নাইএনেকি তেওঁলোকৰ প্রাসাদৰ ওপৰত চকু ৰাখিবলৈ বৰ্তমান ৰখীয়া নিযুক্ত কৰিছে। বৰ্তমান তেওঁলোকক ঘৰৰ বাহিৰলৈ পর্যন্ত ওলাবলৈ দিয়া হোৱা নাই। ইয়াক একপ্ৰকাৰ বন্দী বুলি ক'লেও অত্যুক্তি কৰা নহ'ব হয়তো। তেওঁলোকে এতিয়া মাথোন আন্দিজানৰ ফালে ব্যাকুলভাবে চাই আছে।

    বাবৰ খঙ আক্রোশত ক্ষিপ্ত হৈ উঠিলবায়সংকুৰৰ প্ৰতি জাগি উঠিল প্রচণ্ড বিদ্বেষ ও প্রতিহিংসা। আয়চাৰ চিন্তাই তেওঁৰ সৌধ নিৰ্মাণৰ চিন্তা তল পেলাই দিলেতেওঁৰ চকুৰ আগত মাথোন ভাঁহি ফুৰিবলৈ ধৰিলে বন্দিনী আয়চাৰ বেদনাচ্ছন্ন মুখৰ প্ৰতিচ্ছবি। তেওঁ ভাবিলে, অবলাসকলৰ ওপৰত নীচ আচৰণ কৰা বায়সংকুৰ শাস্তি পোৱাৰে যোগ্য। ক্ষোভ, অপমানত ক্ষিপ্ত হৈ তেওঁ কাশিম বেগলৈ চাই আদেশাত্মক সুৰত ক'লেআপুনি যুদ্ধৰ আয়োজন কৰক।

    কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগম বাবৰৰ মনোভাব পৰিবৰ্তনৰ কাৰণে উৎকণ্ঠিত হৈ উঠিল।

    কুতলুগ নিগাৰ বেগমে কাশিম বেগলৈ চাই ক'লেবেগ চাহাব, আপুনি শান্তিৰ প্ৰস্তাৱ দি বায়সংকুৰলৈ পত্ৰ এখন পঠাই দিয়ক।

    বাবৰে মাকৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰি ক'লেশান্তিৰ প্ৰস্তাৱ কৰে দুর্বলেহে। ম‍ই বায়সংকুৰতকৈ দুৰ্বল নহওঁ। ইটাৰ জবাব ম‍ই পাথৰেৰে দিম। বায়সংকুৰৰ আগত আঁঠুকাঢ়ি মই আয়চাক উদ্ধাৰ নকৰোঁনিজ বাহু বলেৰেই ম‍ই তাইক উদ্ধাৰ কৰিম৷ এইদৰে মাকৰ কথাৰ বিৰোধিতা কৰি কাশিম বেগলৈ উদ্দেশ্য কৰি তেওঁ ক'লেআপুনি আজি এই মুহূর্তে বেগসকলক 'দীবানে খাচত একগোট কৰাৰ ব্যৱস্থা কৰক। বলক।

    বাবৰ উত্তেজিত ভাবে কক্ষৰপৰা ওলাই গ'ল।

    কাশিম বেগে তলমূৰ কৰি খন্তেক ভাবি বাবৰৰ পিছে পিছে খোজ ল'লে । কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগম শিল পৰা কপৌৰ দৰে থৰ লাগি তেওঁলোকৰ অপসৃয়মান দেহৰ ফালে চাই ৰ'

    নিজৰ পুতেকৰ ওচৰত হাৰ মানিবলগীয়া হোৱাত কুতলুগ নিগাৰ বেগমৰ মুখমণ্ডলত বিষাদ-বেদনাৰ প্ৰচ্ছায়া নামি আহিল৷

                                                                                              

 

    মির্জা বাবৰে গোটেই শীত আৰু গ্ৰীষ্মকাল চমৰকন্দ অৱৰোধ কৰি থাকিল৷ বায়সংকুৰেও পূৰা সাতমাহ কাল চহৰৰ মুখ্য প্ৰৱেশ পথ বাবৰৰ ভয়ত বন্ধ কৰি ৰাখিলে।সাতমাহ কাল অৱৰুদ্ধ হৈ থাকিব লগা হোৱাত চহৰৰ বাসিন্দাসকল খাদ্য সংকটৰ লগত নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগা হ'ল। জনজীৱন বিপর্যস্ত হৈ পৰিল। মানুহবোৰ ভোকৰ তাড়ণাত অস্থিৰ হৈ উঠিল। অখাদ্য খাই বহু মানুহ মৃত্যুমুখত পতিত হ'ৰোগীৰ পথ্য, ঔষধ আৰু শিশুৰ খাদ্য সংকটে দেখা দিলে। চিকিৎসা, ঔষধ, পথ্যৰ অভাৱত পালে পালে মানুহ মৰিবলৈ ধৰিলে৷ সমগ্ৰ চহৰ মৃত্যু উপত্যকাত পৰিণত হ'ল। হাহাকাৰ আতংকত ভৰি পৰিল সমগ্র চহৰ। মানুহবোৰ ভোক-পিয়াহত কাতৰ হৈ পৰিল। কাম কৰিবৰ শক্তি হেৰাই পেলালে মানুহবোৰেক্ৰেতাৰ অভাৱত দোকান-পোহাৰ বন্ধ হ'বলৈ ধৰিলে ৰাস্তা-ঘাটত ময়লা, আৱৰ্জনাৰ স্তুপ জমা হৈ চৌদিশে দুর্গোন্ধ বিয়পি পৰিল

    চহৰৰ অৱস্থা দেখি বাদচাহ বায়সংকুৰ শংকিত হৈ উঠিল। একমাত্ৰ তেওঁৰ কাৰণেই ইমানবোৰ নিৰীহ মানুহে যমৰ যাতনা ভুগিবলগীয়া হোৱাত তেওঁ বিচলিত হৈ উঠিলসকলো দুৰ্দশাৰ বাবে নিজকে দায়ী বুলি ভাবি অস্থিৰ হৈ উঠিল তেওঁকিন্তু দুৰ্দশা মোচনৰ কোনো উপায় নেদেখি তেওঁ চহৰ এৰি পলাই যোৱাৰ কথা ভাবিলে অৱশেষত

    ভবামতেই বায়সংকুৰে এদিনাখন নিশা কেইজনমান বিশ্বাসী সহচৰলৈ হিচাৰৰ চুলতান খচৰুৰ ওচৰলৈ পলাই গ'সিদিনা নিশা প্রচণ্ড শীত পৰিছিল। গতিকে তেওঁ লুকাই-চুৰকৈ পলাই যোৱাটো কাৰো চকুত নপৰিল।

    পাছদিনা ৰাতিপুৱা বায়সংকুৰ পলাই যোৱা কথাটো ৰাষ্ট্ৰ হৈ পৰিল। বায়সংকুৰ পলাই যোৱা খবৰটো প্ৰচাৰ হোৱাৰ লগে লগে চমৰকন্দৰ বেগসকল ততাতৈয়াকৈ এঠাইত মিলিত হ'ল। তেওঁলোকে পৰিস্থিতি পর্যালোচনা কৰি বাবৰক চহৰলৈ আদৰি আনিবলৈ সিদ্ধান্ত ল'লে আৰু দ্বাৰৰক্ষীসকলক দুৰ্গৰ দ্বাৰ খুলি দিবলৈ নিৰ্দেশ দিলে

     দুৰ্গৰ দ্বাৰ খোলাৰ লগে লগে মুক্তিৰ আনন্দত উল্লাসিত হৈ বাঢ়নি পানীৰ সোঁতৰ দৰে শ‍ই শ‍ই মানুহ দুৰ্গৰ বাহিৰলৈ ওলাই আহিল। তেওঁলোকে ঢোল, নাগাৰা, চাহনাইৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি বাবৰ আৰু তেওঁৰ সেনাবাহিনীক আদৰি আনিবলৈ সমদল কৰি ওলাল৷

    চমৰকন্দৰ বিশাল জন সমুদ্ৰৰ লগত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত তিনি হাজাৰতকৈ অধিক বাবৰ সেনা ঢোল, নাগাৰা, চাহনাইৰ ধ্বনিৰ তালে তালে আহি চহৰত প্ৰৱেশ কৰিলে

    পাঁচ বছৰ বয়সত মাথোন এবাৰৰ কাৰণে বাবৰ চমৰকন্দলৈ আহিছিল; তাৰ পাছত ৰাজনৈতিক কাৰণত তেওঁৰ চমৰকন্দলৈ অহাৰ অৱসৰ হোৱা নাছিল। তথাপি তেওঁ লোকমুখে শুনি শুনি চমৰকন্দৰ বিষয়ে বহু কথা জানিছিল৷ মাথোন ক'ত কি আছে, সেই বিষয়েহে তেওঁ অৱগত নাছিল।

    বাবৰে তেওঁৰ সপোনৰ চহৰ চমৰকন্দৰ সৌন্দৰ্য দেখি ৰোমাঞ্চিত হৈ উঠিল৷ গভীৰ উৎসাহ-উদ্দীপনাৰে তেওঁ চহৰৰ ওপৰত চকু ফুৰাবলৈ ধৰিলে৷

    বাবৰৰ চকুত পৰিল আকাশলঙ্ঘী ভব্য সৌধ সমূহসৌধৰ গম্বুজবোৰত সূৰ্য কিৰণ পৰি তিৰবিৰাই আছিল ।

    বাবৰে গম্বুজবোৰলৈ লক্ষ্য কৰি কাশিম বেগক উদ্দেশ্য কৰি সুধিলেসৌ গম্বুজবোৰৰ কোনটো উলুগ বেগৰ মাদ্ৰাছাৰ গম্বুজ? কোনটো বেগম খানমৰ মছজিদ?

    বাবৰে এইদৰে শিশুসুলভ কৌতূহলেৰে এটাৰ পাছত এটা প্ৰশ্ন সুধি যাবলৈ ধৰিলে আৰু কাশিম বেগে যথাযথ উত্তৰ দি যাবলৈ ধৰিলে।

    এইদৰে আহি আহি তেওঁলোক আৰ্কৰ সন্মুখত ৰৈ গ'ল।

    আশ্চর্যজনক ৰূপে ধুনীয়া শিৰস্ত্ৰাণ স্বৰূপ গম্বুজবোৰ, পূৰ্বপুৰুষসকলে নিৰ্মাণ কৰা মনোমোহা সৌধৰ দেৱালত অঁকা বিবিধ কাৰোকাৰ্যখচিত নয়নাভিৰাম চিত্ৰসমূহ প্ৰত্যক্ষ কৰি বাবৰ মোহিত হৈ পৰিল। এইসমূহ সৌধৰ সুখ্যাতি শুনি শুনিয়ে তেওঁ যশৰ বাবে লালায়িত হৈ উঠিছিল। মন্ত্রমুগ্ধৰ দৰে তেওঁ সেইসমূহ সৌধৰ সৌন্দৰ্যসম্ভাৰ উপভোগ কৰিবলৈ ধৰিলে।

    শাৰী শাৰীকৈ থিয় হৈ থকা আবাস গৃহবোৰলৈ চাই বাবৰৰ হঠাৎ আয়চা বেগমৰ কথা মনত পৰি গ'ল৷ তেওঁ ততালিকে ঘোঁৰা ঢেঁকুৰাই তেওঁৰপৰা অলপ আঁতৰত থকা কাশিম বেগৰ ওচৰলৈ আহিলআয়চা বেগমৰ কথা তেওঁ পোনপটীয়াভাবে নুসুধি আওপকীয়াভাবে সুধিলেকয়েদীৰ অৱস্থাৰ বুজ ল'বলৈ কাৰোবাক পঠালেনে নাই?

    কাশিম বেগে প্ৰশ্নৰ মাজত নিহিত অৰ্থ বুজিব নোৱাৰি সুধিলেআপুনি কোনজন কয়েদীৰ কথা বা সুধিছে?

    নিজৰ বাগদত্তাৰ কথা ক'বলৈ বাবৰৰ লাজ লাগিল। লাজত তেওঁ বিশেষ ভংগীত তলমূৰ কৰিলে ।

    কাশিম বেগে তৎক্ষণাৎ কথাটো বুজিব পাৰি উৎসাহিত হৈ কলেহয় জাহাপনা, নুয়ান কুশল দাসক পঠোৱা হৈছে। সন্ধিয়ালৈকে আমি সকলো জানিব পাৰিম৷

    তেওঁলোকে ঘূৰি-পকি আহি সন্ধিয়া বোস্তান সৰাগ (মির্জা বায়সংকুৰৰ ৰাজপ্রাসাদ) লৈ আহিল। বোস্তান সৰাগতে বাবৰৰ ৰাতিৰ বিশ্ৰামৰ ব্যৱস্থা কৰা হৈছিল।

    শয়ন কক্ষত লণ্ঠন জ্বলোৱাৰ খন্তেক পাছত বাবৰৰ অনুমতিলৈ নুয়ান কুশল দাস কক্ষৰ ভিতৰলৈ সোমাই আহিল।

    কক্ষটো অপেক্ষাকৃত চেঁচা কাৰণে গাদী আৰু তোচকেৰে বিছনা পতা আছিলগতিকে নুয়ান কুশল দাসে গৰমকোট আৰু টুপী পিন্ধিয়ে কথা পাতিবলৈ আৰম্ভ কৰিলে

    নুয়ান কুশল দাসে উৎসাহেৰে আৰম্ভ কৰিলেজাহাঁপনাৰ তৰফৰপৰা সোণৰ খাৰু, তৰহ তৰহৰ মূল্যবান কাপোৰ, বাদাম, খেজুৰ আদিলৈ যোৱা হৈছিল। আপোনাৰ মাহীয়েক মেহেৰ নিগাৰ খানমে নিজেই সেইবোৰ সানন্দে গ্ৰহণ কৰিছে

    মেহেৰ নিগাৰ খানম বাবৰৰ মাক কুতলুগ নিগাৰ বেগমৰ বায়েক। তাই নিঃসন্তান আছিল। আনহাতে নাবালিকা অৱস্থাতে আয়চা বেগমৰ মাকৰ মৃত্যু হৈছিলআয়চা বেগমৰ মাকো কুতলুগ নিগাৰ বেগমৰ ভনীয়েক আছিল। গতিকে মাকৰ মৃত্যুৰ পাছত আয়চা বেগমৰ দায়িত্ব মাহীয়েক মেহেৰ নিগাৰ খানমেই লৈছিল। তাই মাতৃস্নেহত আয়চা বেগমক তুলি-তালি ডাঙৰ-দীঘল কৰিছে। সেয়ে মাহীয়েকেও এতিয়াৰপৰা বাবৰৰ লগত থাকিব বুলি বাবৰ উৎফুল্লিত হৈ উঠিল অন্ততঃ মাহীয়েকৰ ওচৰত কৰা আয়চাৰ কিছু ঋণ তেওঁ পৰিশোধ কৰাৰ সুযোগ পাব বুলিও তেওঁৰ মনটো ফৰকাল লাগিবলৈ ধৰিলে।

    বাবৰে প্ৰশ্নবোধক দৃষ্টিত নুয়ানলৈ চাই সুধিলে- তাৰ পাছত ?

    নামমাত্র মঙহও নাই বেগম চাহিবাৰ গাত। মাথোন হাড় কেইডালহে কোনোমতে অৱশিষ্ট আছেহি। নুয়ানে কথা কেইটা হতাশা মিশ্ৰিত সুৰত কৈ খন্তেক ৰৈ পুনৰ আৰম্ভ কৰিলেভোকত প্ৰায় মৰিবলৈয়ে ওলাইছিল! বহুদিনৰপৰা হেনো ৰুটীৰ মুখকে দেখা নাইসোণৰ বিনিময়েও আটা পোৱা নাযায়। আপোনাৰ মাহীয়েকে আমাক এইবোৰ কথা জনাইছে। দুখৰ দিনৰ কথা সুঁৱৰি তাই ফেঁকুৰি ফেঁকুৰি কান্দিলে। কান্দি কান্দিয়ে তাই ক'লেতুঁহৰ ৰুটী খাব লগা হৈছে। খৰি নাই। ঠাণ্ডাত কোনো মতেহে নমৰাকৈ জীয়াই আছোঁ

    বায়সংকুৰে মহিলাসকলৰ লগতো এনেকুৱা নিৰ্দয় ব্যৱহাৰ কৰিছে নেকি? খঙত অগ্নিশৰ্মা হৈ বাবৰে সুধিলে।

    নুয়ানে পুনৰ আৰম্ভ কৰিলেমির্জা বায়সংকুৰেও হেনো শেষৰ দিন কেইটা পেট পূৰাই খাবলৈ পোৱা নাই। সাতমাহ অৱৰুদ্ধ হৈ থকাটোতো ল'ৰা-ধেমালি কথা নহয়! ৰাস্তাই ৰাস্তাই মৃতদেহবোৰ পৰি আছে। সেইবোৰ সৎকাৰ কৰাৰ মানুহ নাই। সেইবোৰ গেলি-পচি বতাহত দুর্গোন্ধ বিয়পি পৰিছে। মানুহবোৰৰ দেহত মৃতদেহ সৎকাৰ কৰাৰ শক্তিকণো নাই। আটায়ে দুৰ্ভিক্ষৰ চিকাৰ হৈছে। দুখীয়া মানুহবোৰে কুকুৰ আৰু গাধৰ মঙহ পর্যন্ত খাবলগীয়া হৈছেমই তেওঁলোকৰ ওচৰৰপৰা অহাৰ পাছত কাশিম বেগ চাহাবৰ ওচৰত সকলো কথা বিৱৰি কৈ আহিছোঁ। এক গাড়ী আটা-চাউল, এক গাড়ী খৰি, দহোটা ভেড়া ম‍ই নিজেই দি আহিছোঁ। কাশিম বেগ চাহাবেও ৰাতিপুৱা খাদ্যবস্তু পঠোৱাৰ কাৰণে যা-যোগাৰ কৰি আছে।

    নুয়ান কুশল দাসে বিৰামহীনভাবে কথাবোৰ কৈ খন্তেক মনে মনে থাকি ৰহস্যময় হাঁহি মাৰি ক'লেআয়চা বেগমে.........

    নুয়ানে বাক্যটো শেষ কৰিব নোৱাৰিলে। আয়চাৰ নাম শুনিয়ে বাবৰ উত্তেজিত হৈ উঠিলঅধৈর্যভাবে তেওঁ সুধিলেআয়চা বেগম! কোৱা আয়চাৰ খবৰ কি ?

    ঠিক এনেকুৱা এটি কক্ষত..........নুয়ানে বহি থকা কক্ষটোত চকু ফুৰাই ক'লেআয়চা বেগমে বগা বোৰখা পৰিধান কৰি মোৰ লগত সাক্ষাৎ কৰিছে।নুয়ানে খন্তেক ৰৈ পুনৰ হতাশা মিশ্ৰিত সুৰত আৰম্ভ কৰিলেসঁচা কথা ক'বলৈ গ'লে, আয়চা বেগমক মোৰ পছন্দ হোৱা নাই, বোৰখাৰ ভিতৰত থকা শৰীৰটো ম‍ই অৱশ্যে চাব পৰা নাই; কিন্তু চাপৰ যেন লাগিল। শৰীৰটোও খীণ আৰু শুকান। কিন্তু কণ্ঠস্বৰ বৰ মিঠা আৰু স্পষ্ট

    আয়চা বেগমৰ কথা ভাবি ভাবিয়ে বাবৰে আন্দিজানৰপৰা চমৰকন্দলৈ আহিছে। অথচ তেওঁ এতিয়ালৈকে তাইক চাব পৰা নাইআয়চাৰ লগত সাক্ষাৎ কৰাও অৱশ্যে তেওঁৰ বাবে নিষিদ্ধ। চৰিয়ত বিধান নাই। মৌলানাই কলিমা মাতি বিয়া পাতি নিদিয়া পৰ্যন্ত দৰা-কইনা একেলগ হোৱা বা দেখা সাক্ষাৎ কৰা ধৰ্মীয় বিধানৰ পৰিপন্থী। বিধান ভাঙি সাক্ষাৎ কৰিলেই পৰম্পৰা ভাঙি যাব আৰু আত্মীয়-স্বজনসকল বদনামৰ ভাগী হ'ব।

    কিন্তু নুয়ানৰ ভাব-ভংগীত এই অমানবিকতাৰ চিকিৎসা যে আছে এই কথা স্পষ্ট হৈ আছিলসি কাষলতিৰ তলৰপৰা এটা ৰেচমী কাপোৰৰ সৰু থৈলা উলিয়াই বাবৰলৈ আগবঢ়াই ক'লেমেহেৰ নিগাৰ খানমে আয়চা বেগমৰ হৈ এই থৈলাটো আপোনালৈ দি পঠাইছে

    বাবৰে অতি আগ্ৰহেৰে থৈলাটো হাতত লৈ পিটিক চালে; কিন্তু তেওঁ হতাশ হ'ল। তেওঁৰ এনেকুৱা লাগিল যেন থৈলাটোত কোনো বস্তুৱে নাই। থৈলাটো খালী বুলিয়ে ধাৰণা হ'ল তেওঁৰ। কৌতূহলবশতঃ তেওঁ থৈলাৰ মুখৰ বান্ধ খুলি হাতৰ তলুৱাৰ ওপৰত উবুৰিয়াই ধৰিলে। সৰু সৰু হীৰাৰ দুটা টুকুৰা তেওঁৰ হাতত পৰিলহি। প্ৰতিটো হীৰা নিয়ঁৰৰ টোপালতকৈ কিছু ডাঙৰ । কিন্তু আকাৰতকৈ ওজনৰ অনুপাত বহু বেছি। হীৰা দুটুকুৰাই ৰশ্মি বিচ্ছুৰিত কৰি উজলি আছিল। তাৰ বিচ্ছুৰিত ৰশ্মি আহি বাবৰৰ চকুত ছাট মাৰি ধৰিলে। হীৰাৰ চিক্‌মিকনি আনন্দদায়ক আৰু উষ্ম লাগিল তেওঁৰ মনত ।

    নুয়ানে থৈলাটো সম্পূর্ণভাবে ওলোটাই দিবলৈ ক'লেজাহাঁপনা, থৈলাটো ওলোটাই দিয়ক।

    নুয়ানৰ কথামতে বাবৰে থৈলাটো ওলোটাই ধৰিলে। ওলোটাই ধৰাৰ লগে লগে তেওঁ এডোখৰ কাপোৰ দেখা পালে। কাপোৰ ডোখৰ মেলি ধৰাত ৰেচমী সূতাৰে লিখা এটা বাক্য তেওঁৰ চকুত পৰিল। মাথোন এটা বাক্যই লিখা আছিল কাপোৰডোখৰত –– ‘শত্ৰুৰ কবলৰপৰা ৰক্ষা কৰাৰ কৃতজ্ঞতা স্বৰূপ ৷

    বাবৰৰ মনত বাক্যটো প্রেম পত্ৰতকৈও বেছি মিঠা লাগিল। এক মিঠা অনুভূতিত তেওঁৰ দেহ-মন ভৰি পৰিল। বাবৰৰ অনুমান হ'ল- আয়চা বেগমে হয়তো বাবৰে আহি তাইক শত্ৰুৰ কবলৰপৰা উদ্ধাৰ কৰিব বুলি আগতীয়াকৈয়ে ভাবি থৈছিল। গতিকে তাই বাক্যটো অতি যত্নসহকাৰে আগতেই লিখি থৈছিল। নহ'লে খন্তেকীয়া সময়ত এনেকুৱা এটি বাক্য লিখি নুয়ানৰ হাতত দিয়াটো সম্ভৱ নহ'লহেঁতেন। তাই লাজত হয়তো এই কথাষাৰ নুয়ানৰ ওচৰত ব্যক্ত কৰা নাইআয়চাৰ আত্মউপলব্ধিৰ গভীৰতা আৰু তেওঁৰ প্ৰতি গভীৰ আস্থা দেখি বাবৰৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল আৰু এক সুগভীৰ প্রশান্তিত তেওঁৰ চকুযোৰ মুদখাই আহিল

    জাহাঁপনা, এতিয়া আপোনাৰ হাতত থকা হীৰাৰ কাহিনী শুনককথাটো মোক আপোনাৰ মাহীয়েকেই কৈ পঠাইছে। নুয়ানে দ্বিধাহীন কণ্ঠত হীৰাৰ কাহিনী বৰ্ণনা কৰিবলৈ ধৰিলেআপুনি হয়তো নিজেও উপলব্ধি কৰিব পাৰিছে এই হীৰা দুটুকুৰা ক'ৰপৰা আহিছে। এই হীৰা দুটুকুৰা চুলতান আহম্মদৰ ৰাজমুকুটত আছিলতেওঁৰ মৃত্যুৰ পাছত চুলতান মাহমুদে ৰাজমুকুটটো হস্তগত কৰাৰ আগতেই আয়চা বেগমৰ মাকে ৰাজমুকুটৰপৰা হীৰা দুটুকুৰা এৰুৱাই নিজৰ লগত ৰাখিছিল। তাইৰ মৃত্যুৰ সময়ত এই হীৰা দুটুকুৰা বায়েক মেহেৰ নিগাৰ খানমৰ হাতত দি আয়চা ডাঙৰ হ'লে তাইৰ হাতত দিবলৈ কৈ গৈছিল৷ আপুনি চমৰকন্দ্ৰৰ সিংহাসনত আৰোহণ কৰাৰ পাছত এই হীৰা দুটুকুৰা যেন কমেও এশ বছৰ আপোনাৰ ৰাজমুকুটত শোভা পায়, এতিয়া এইয়াই আয়চা বেগমৰ ইচ্ছা

    আয়চা বেগমৰ দেউতাক চুলতান আহম্মদৰ কথা মনত পৰাৰ লগে লগে বাবৰ উদাস হৈ উঠিল।

    কিছুদিন আগতো চমৰকন্দৰ বাদচাহ চুলতান আহম্মদ জীয়াই আছিলএতিয়া সেইজন মানুহ ইহসংসাৰত নাইনিয়তিৰ আমোঘ বিধানত তেওঁ বৰ্তমান কবৰৰ তলত শু‍ই আছেহি

    চুলতান আহম্মদ জীয়াই থাকোতে তেওঁ এবাৰ বাবৰৰ সাম্রাজ্য আক্রমণ কৰিছিল। তেওঁ বাবৰৰ সাম্ৰাজ্যৰ কিছু অংশ কাঢ়িও নিছিল। উপায়বিহীন হৈ বাবৰে তেতিয়া চুলতান আহম্মদৰ লগত অপমানজনক সন্ধি কৰিবলৈ বাধ্য হৈছিল । সেয়া বাবৰ প্ৰথম সিংহাসনত বহা সময়ৰ কথা। তেওঁৰ দেউতাক ওমৰ শ্বেখৰ মৃত্যুৰ বাবেও পৰোক্ষভাবে চুলতান আহম্মদেই দায়ী আছিল। সেয়া এতিয়া অতীত কাহিনী। বাবৰে অতীত সুঁৱৰি দীৰ্ঘ নিশ্বাস এৰিলে৷

    কেইটামান উদাস মুহূৰ্ত পাৰ কৰাৰ পাছত বাবৰ পুনৰ বাস্তৱলৈ ঘূৰি আহিলহীৰা দুটুকুৰাৰ ফালে তেওঁ উদাস দৃষ্টিৰে চালেহীৰা দুটুকুৰাৰ উজ্জ্বল চিক্‌মিকনি দেখি বাবৰৰ অনুমান হ', হীৰা দুটুকুৰা যেন আয়চা বেগমৰ দুটা চকুহীৰাৰ চিক্‌মিকনি যেন তেওঁৰ বাগদত্তা আয়চাৰ চকুৰ জ্যোতি ।

    আয়চা বেগমে বাবৰৰ বাবে অপেক্ষা কৰি আছিল আৰু আজি সেই অপেক্ষাৰ অন্ত পৰিল। অৱশেষত তেওঁ তেওঁৰ বাগদত্তাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনন্দত বাবৰৰ চকুলো ওলাবৰ উপক্ৰম হ'ল। তেওঁ কোনোমতে চকু পানী সম্বৰণ কৰি ক'লেবাৰু, মই হীৰা দুটুকুৰা গ্ৰহণ কৰিলোঁ আৰু আয়চা বেগমে যি কৰিবলৈ কৈছে তাকেই কৰা হ'

    বাবৰে ৰাজভঁৰালৰ কোষাধ্যক্ষক মাতি পঠিয়ালে ।

    কোষাধ্যক্ষই অতি সতর্কতাৰে বাবৰৰ ৰাজমুকুটত হীৰা দুটুকুৰা লগাই দিলে।

    ৰাজমুকুটত হীৰা দুটুকুৰাৰ চিক্‌মিকনি দেখি বাবৰ বিমোহিত হৈ পৰিল। তেওঁৰ মানসপটত ভাঁহি উঠিল আয়চা বেগমৰ সতেজ কোমল মুখৰ প্ৰতিচ্ছবি। তেওঁ আয়চা বেগমৰ মুখখন সুঁৱৰি ৰোমাঞ্চিত হৈ উঠিল। লগে লগে তেওঁ কাগজ-কলম গোটাই লৈ শায়েৰী লিখিবলৈ আৰম্ভ কৰিলেসুন্দৰী চন্দ্ৰমুখী তোমাৰ ৰূপৰ চৰ্চা সকলোতে হয়, তোমাৰ লগত মোৰ কেতিয়া মিলন হ'ব চন্দ্ৰমুখী......

 

    বাবৰ চমৰকন্দত প্ৰৱেশ কৰাৰ পাছৰ দিনাৰ কথা৷

    প্রচণ্ড হাড় কঁপোৱা শীত নেওচি চমৰকন্দৰ মুখ্য চক ৰেগিস্থানত জনতাৰ ভিৰ ওপচি পৰিলসাতমাহ পাছত চহৰখনত যেন পুনৰ প্ৰাণৰ স্পন্দন জাগি উঠিল৷ মুক্তিৰ আনন্দত ভোক-পিয়াহ পাহৰি মানুহবোৰ উৎফুল্লিত হৈ ৰাস্তালৈ ওলাই আহিল৷ জনতাৰ সোঁত লাহে লাহে সমদল কৰি আহি ফিৰোজা দৰজাৰ কাষত থকা প্রেমিক গুহাৰ ওচৰত সমবেত হ'ল আৰু চহৰ কাজীৰ আগমনলৈ অধীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে

    এটা সময়ত জনতাৰ অপেক্ষাৰ অন্ত পৰিল ৷

    চহৰকাজী সমন্বিতে সভ্ৰান্ত পদাধিকাৰীসকল বিচাৰস্থলীত উপস্থিত হ'ল। লগে লগে মানুহবোৰৰ মনত জাগি উঠিল অনুসন্ধিৎসু উৎকণ্ঠা।

    চহৰ কাজীয়ে বিচাৰাধীন অপৰাধীসকলক বিচাৰস্থলীলৈ আনিবলৈ নিৰ্দেশ দিলে।

    নির্দেশ পোৱা মাত্রেই অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এদল সৈনিক সক্ৰিয় হৈ উঠিল। সিহঁতে বিচাৰাধীন অপৰাধীসকলক হাতে-ভৰিয়ে লোৰ শিকলিৰে বান্ধি বিচাৰকৰ সন্মুখত হাজিৰ কৰিলে।

    অপৰাধী কেইজনৰ গাত শীত নিবাৰণৰ কাৰণে কোনো ধৰণৰ কাপোৰ নাছিল। গতিকে প্রচণ্ড শীতত সিহঁত ঠক্‌ঠক্‌কৈ কঁপি আছিল। অৱশেষত বিচাৰ আৰম্ভ হ'ল। কাজীয়ে সাক্ষী-বাদীৰ শুনানি গ্ৰহণ কৰিবলৈ ধৰিলে। শুনানি গ্ৰহণ কৰাৰ পাছত কাজীয়ে উপস্থিত বেগ আৰু উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰি ক'লেআপোনালোকে সাক্ষী-বাদীৰ মুখত সকলো শুনিলেএতিয়া আপোনালোকৰ মতামত জনাওঁক

    কাজীৰ আহ্বানত বেগ আৰু পদস্থ বিষয়াসকল সজাগ হৈ উঠিল আৰু ইজনে-সিজনৰ লগত আলোচনাত মিলিত হ'ল। তেওঁলোকৰ সমবেত মৃদু গুঞ্জনত বিচাৰস্থলী মুখৰ হৈ উঠিলকেইটামান মুহূৰ্ত আলোচনাৰ পাছত আটায়ে একমত হৈ ব্যক্ত কৰিলে সাক্ষীৰ সাক্ষ্য অনুসৰি ইহঁত গুৰুতৰ অপৰাধী। ইহঁতে আমাৰ মহামান্য বাদচাহৰ লগত বিশ্বাসঘাতকতা কৰি অমার্জনীয় অপৰাধ কৰিছে। ইহঁতৰ বিশ্বাসঘাতকতাৰ ফলত আমাৰ দহজন বিশ্বস্ত সেনাই আত্মবলিদান দিব লগা হৈছে। গতিকে ইহঁতক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। বিশ্বাসঘাতকতাৰ একমাত্ৰ শাক্তি মৃত্যুদণ্ড বিহা হওঁক ইহঁতক

    সেয়া আছিল বাবৰে চমৰকন্দ অৱৰোধ কৰি থকা সময়ৰ কথাতেতিয়া এই অপৰাধী কেইজন ফিৰোজা দৰজাৰ পহৰাত নিযুক্ত আছিল। ইহঁতে এদিন বাবৰৰ ওচৰত এজন বার্তাবাহক প্ৰেৰণ কৰিছিল। বার্তাবাহকে বাবৰৰ ওচৰলৈ গৈ জনাইছিল যে, দীৰ্ঘদিন অৱৰোধৰ মাজত থাকি চহৰৰ বাসিন্দাসকল অতিষ্ঠ হৈ উঠিছে। বায়সংকুৰৰ প্ৰতি মানুহবোৰৰ আস্থা নোহোৱা হৈ গৈছে। সিহঁতে মুক্তিৰ অপেক্ষাত পিঞ্জিৰাবদ্ধ পখীৰদৰে ছট্‌ফটাই আছে। গতিকে ফিৰোজা দৰজাৰ পহৰাত নিযুক্ত সৈনিকসকল বাবৰৰ আনুগত্য স্বীকাৰ কৰিবলৈ সংকল্প লৈছে। বাবৰ ৰাতি ফিৰোজা দৰজালৈ গ'লে দুৰ্গৰ দুৱাৰ খুলি দিয়া হ'ব আৰু ফিৰোজা দুৱাৰৰ পহৰাত নিযুক্ত আটাইবোৰ সেনাই বাবৰ সেনাৰ লগত লগ লাগি যুঁজি বায়সংকুৰক সিংহাসনৰপৰা ওফৰাই পেলাব।

    প্ৰস্তাৱটো বাবৰৰ কাৰণে খুবেই লুভণীয় আছিল। গতিকে তেওঁ আগ-পাছ নাভাবি বার্তাবাহকৰ কথা বিশ্বাস কৰি এই অপৰাধী কেইজনৰ লগত দহজন বিশ্বস্ত সেনা পঠাই দিছিল

    কিন্তু সেয়া ফিৰোজা দৰজাৰ পহৰাত নিযুক্ত সেনাসকলৰ বাবৰৰ প্ৰতি আনুগত্য নাছিল; বাবৰক ধ্বংস কৰাৰ কাৰণে এই অপৰাধী কেইজনৰ এটা ছলনাহে আছিল মাথোনতেতিয়া এই অপৰাধী কেইজনেই বাবৰে পঠোৱা সেনা কেইজনক আটক কৰি বায়সংকুৰৰ সেনাধ্যক্ষৰ হাতত গতাই দিছিল আৰু সেনাধ্যক্ষৰ নিৰ্দেশত সিহঁতক নির্মমভাবে হত্যা কৰা হৈছিল।

    যি সকলে বিশ্বাসঘাতকতা কৰি সৈন্য কেইজনক সেনাধ্যক্ষৰ হাতত গতাই দিছিল আমি সিহঁত নহয়। বিশ্বাসঘাতকতা কৰা সৈন্যসকল পলাই গৈছে। আমি সম্পূর্ণ নির্দোষ। আমাক এৰি দিয়ক। অপৰাধী কেইজনৰ মাজৰপৰা এজনে ভয়ত চিঞৰি কাকুতি-মিনতি কৰিবলৈ ধৰিলে। কিন্তু তাৰ কাকুতি-মিনতিত কোনেও কাণসাৰ নকৰিলে। ফলত তাৰ কাকুতি-মিনতি অৰণ্য ৰোদনলৈ পৰ্যবসিত হ'ল।

    পৰম্পৰা অনুসৰি অপৰাধী কেইজনক পিঠমূৰীয়াকৈ বান্ধি বিশেষভাবে খন্দা গড়খাঁৱৈৰ পাৰলৈ আনি আঁঠুকঢ়াই বহুৱাই তলমূৰকৈ থাকিবলৈ বাধ্য কৰোৱা হ'ল।

    কাজীয়ে নির্মমভাবে ঘোষণা কৰিলেইহঁতৰ শিৰশ্ছেদ কৰা হওঁক ।

    আদেশ ঘোষণা হোৱাৰ লগে লগে পেশী বহুল বলিষ্ঠ সৈনিক এজন কোষমুক্ত শাণিত তৰোৱাল লৈ আদেশ প্রতিপালন কৰিবলৈ আগবাঢ়ি আহিলতাৰ তৰোৱালৰ এটা এটা ঘাপত অপৰাধী কেইজনৰ মূৰবোৰ বলিৰ পঠাৰ দৰে দেহৰপৰা বিচ্ছিন্ন হৈ গ'ল আৰু উষ্ম তেজৰ ধাৰাৰে ৰঞ্জিত দেহবিচ্যুত মূৰবোৰ গড়খাঁৱৈত ছিটিকি পৰিলঅৱশেষত মুণ্ডহীন দেহবোৰ গড়খাঁৱৈৰ মাজলৈ ঠেলি পেলাই দিয়া হ'ল।

    সিদিনা ওৰেটো ৰাতি বৰফ পৰি মৃত্যুদণ্ডৰ চিন-চাব নোহোৱা কৰি পেলালে।

    বিনাযুদ্ধই বাবৰৰ সপোন দিঠকত পৰিণত হ'ল। চমৰকন্দৰ জনগণেও ইমান দিনৰ বিপৰ্যস্ত বিধ্বস্ত বন্দী জীৱনৰপৰা মুক্ত হৈ উচ্ছ্বসিত হৈ উঠিলভয়, শংকা, সংশয় আঁতৰিল৷ মানুহৰ মনত আস্থাৰ পৰিবেশ সৃষ্টি হ'ল। জন-জীৱন পুনৰ স্বাভাৱিক হৈ উঠিল। আনন্দ উল্লাসত উচ্ছ্বসিত মানুহবোৰ ৰাজপথলৈ ওলাই আহিলবন্ধ দোকান-পোহাৰ খোলা হ'ল। বজাৰ, ৰাস্তা-ঘাট মানুহৰ গুঞ্জনত মুখৰ হৈ উঠিল।

    আগদিনা ৰাতি প্ৰচণ্ড ঠাণ্ডা পৰাত প্ৰচুৰ বৰফ পৰিছিল। ফলত ওখ ওখ সৌধৰ গম্বুজবোৰ বৰফে ঢাকি পেলাইছিল ৷ পাছদিনা ৰাতিপুৱা সুর্যোদয়ৰ পাছত শীতৰ প্ৰকোপ অলপ কম হোৱাত দুপৰীয়ালৈকে আৱহাওয়া কিছু গৰম হৈ থাকিল ৷ মানুহবোৰ শীতৰ প্ৰকোপৰপৰা অলপ সকাহ পোৱাত গা টঙাবলৈ বুলি ৰাজপথলৈ ওলাই আহিল

    ৰাস্তা-ঘাটত মানুহৰ আহ-যাহ দেখি বাবৰৰ মনটোও ফৰকাল হৈ উঠিল ৷ জহুৰৰ নামাজ পঢ়ি তেওঁ চহৰ পৰিভ্ৰমণ কৰিবলৈ ওলাল

    কাশিম বেগ, আহম্মদ তনৱাল, খান কুলি নামৰ বেগ এজন আৰু অন্যান্য কেইজনমান বেগ তেওঁৰ লগত ওলাল তেওঁলোকৰ লগত পথ প্ৰদৰ্শক হিচাপে ওলাল শায়েৰ জোহৰী। জোহৰী চমৰকন্দৰ এজন বয়োবৃদ্ধ সভ্রান্ত নাগৰিক ও বিখ্যাত কবি। চহৰৰ ৰাস্তা-ঘাট, অলি-গলি আৰু দৰ্শনীয় ঠাইবোৰ আছিল তেওঁৰ নখ দৰ্পণত।

    তেওঁলোকে উলুগ বেগৰ দ্বাৰা নিৰ্মিত বিশাল গম্বুজ থকা খানকাহ (ধর্মীয় উপাসনা আৰু চৰ্চাৰ ঠাই) এটাৰ ওচৰেদি গৈ আছিল। শায়েৰ জোহৰীয়ে বাবৰক খানকাহৰ পূব দিশৰ এটা দৰজাৰ ফালে যাবলৈ ইংগিত কৰি ক'লেমীৰ আলী শ্বেৰ নবাই চমৰকন্দলৈ আহোঁতে এইটো ৰাস্তাৰে অহা-যোৱা কৰিছিল।

    আপুনি তেতিয়া তেওঁৰ লগত আছিল নেকি জ্বনাব? বাবৰে উৎসাহেৰে সুধিলে।

    হয় আছিলোজোহৰীয়ে উচ্ছ্বসিত কণ্ঠত ক'লেতেওঁ আৰু ম‍ই প্ৰায় সমবয়সীয়া । তেওঁ মোতকৈ দুই-চাৰি বছৰৰ ডাঙৰ হয়তো। তথাপি ম‍ই তেওঁৰ গুণ-গৰিমাত মুগ্ধ হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিলো। মই তেওঁক মোৰ শায়েৰী সমুহ পঢ়ি শুনাইছিলোমোৰ শায়েৰী সমূহ মনোযোগেৰে শুনি তেওঁ মোক সৎ পৰামৰ্শ দি উৎসাহিত কৰিছিল। লোক মুখে শুনিব পাৰিছোঁ, তেওঁ হেনো মোক এতিয়ালৈকে পাহৰা নাই। চমৰকন্দৰ কোনো মানুহ পালেই মোৰ খা-খবৰ লয়। তেওঁৰ মছলিচ-উন নাফাইত হেনো মোৰ নামো লিপিবদ্ধ কৰিছে। অৱশ্যে তেওঁৰ সেই গ্ৰন্থত তেওঁ তেওঁৰ পৰিচাৰক সকলৰ নামো লিপিবদ্ধ কৰিছে হেনো৷

    বাবৰে সপ্রশংস দৃষ্টিত জোহৰীলৈ চালে। বয়সৰ চাপত জোহৰীৰ দেহ সামান্য ন্যুব্জ। বগলী পাখিৰ দৰে শোধ বগা দাঢ়ি-চুলি। প্রশস্ত ললাট। ভাৱৰ গভীৰতাত কিঞ্চিত কুঞ্চিত। গভীৰ প্রশান্তিত সমাহিত মুখমণ্ডলত দৃঢ় আত্মপ্রত্যয়ৰ অভিব্যক্তি। চকুৰ দৃষ্টি খীণ যদিও কৌতুকোজ্জ্বল৷

    আলীশ্বেৰ নবাইৰ সান্নিধ্যলৈ অহাটো তেতিয়া বিপুল সৌভাগ্যৰ কথা বুলি গণ্য কৰা হৈছিল। তেওঁৰ দ্বাৰা প্ৰশংসিত হোৱাটো আছিল তাতোকৈ বিৰাট সাফল্য আৰু সৌভাগ্যৰ কথাগতিকে জোহৰীয়ে আলীশ্বেৰ নবাইৰ সান্নিধ্য ও প্ৰশংসা পোৱাৰ কথা শুনি বাবৰৰ কবি মন জোহৰীৰ প্ৰতি ঈর্ষান্বিত হৈ উঠিল। তেওঁ নিজেও কেতিয়াবা আলীশ্বেৰ নবাইৰ দৃষ্টি আকৰ্ষণ কৰাৰ দৰে সৌভাগ্য লাভ কৰিব পাৰিবনে? বাবৰে নিজকে নিজে প্ৰশ্নটো কৰিলে৷ তেওঁৰ ভাৱ হ', তেওঁ নিজকে এজন শায়েৰ হিচাপে প্ৰতিষ্ঠিত কৰিব খুজিলেও বাস্তৱত যেন তেওঁৰ এজন সাধাৰণ শায়েকো চেৰ পেলাই যোৱাৰ যোগ্যতা নাইকবি হিচাপে এয়াই বৰ্তমান তেওঁৰ নিজৰ প্ৰতি মনোভাব। এনেকি তেওঁ নিজে লিখা শায়েৰ সমূহো বেয়া হোৱা বুলি ভাবি আনক দেখুৱাবলৈ লাজ কৰে তেওঁ

    প্ৰকৃততে ম‍ই শায়েৰীৰ প্ৰাথমিক জ্ঞানকণো আহৰণ কৰিব পৰা নাই। তথাপিও মই এজন শায়েৰ হোৱাৰ সপোনত বিভোৰ হৈ আছোঁ। বাবৰে মনে মনে এইদৰে কৈ মনে মনেই হাঁহি আকৌ নিজকে নিজে ক'লে-- তথাপিও মই সৌভাগ্যবান। চমৰকন্দৰ গণ্যমান্য বেগসকলৰ পৰিবৰ্তে আলীশ্বেৰ নবাইৰ সমবয়সী, তেওঁৰ উত্তৰসুৰী আৰু সান্নিধ্যলৈ অহা শায়েৰ জোহৰীক ম‍ই মোৰ পথ প্ৰদৰ্শক হিচাপে আমন্ত্ৰণ জনাইছোঁ। মোৰ কাৰণে ইয়াতকৈ সৌভাগ্যৰ কথা কি হ'ব পাৰে?

    জোহৰীয়ে বাবৰক হালৈৰ দোকান এখনলৈ লৈ আহিল।

    দোকান বন্ধ। এনেকি গলিটোও জনশূন্য। ৰাতি যথেষ্ট বৰফো পৰিছিল গলিটোত। ঘোঁৰাৰ খুৰা পোত যোৱাকৈ তেতিয়াও কোনো কোনো ঠাইত বৰফ পৰি আছিল। ছাঁ পৰা ঠাই সমূহত বিৰাজ কৰি আছিল হাড় কঁপোৱা ঠাণ্ডা। ৰ'দ পৰা কেঁচা আৰু পকী দেৱালৰ গাৰপৰা গলিত বৰফৰ সোঁত বৈ আছিল।

    বাবৰে চাপৰ চাপৰ গৃহৰ ছাদবোৰলৈ চাই পঠিয়ালেপ্ৰতিটো ছাদ তেতিয়াও বৰফেৰে ঢাক খাই আছিল৷ কোনো এখন ছাদৰপৰা বৰফ চাফা কৰা হোৱা নাছিল তেতিয়ালৈকে। এনেকি বৰফ চাফা কৰাৰ বাবে ছাদৰ ওপৰত এজন মানুহো তেওঁৰ চকুত নপৰিল ৷

    তেওঁলোকে আহি আহি এখন দৈনিক বজাৰ পালেহি। তাতো সেই একেই অৱস্থা৷ দোকান-পাট বন্ধ। বজাৰ জনশূন্য ।

    বজাৰৰ অৱস্থা দেখি আশ্চর্যচকিত হৈ বাবৰে জোহৰীলৈ উদ্দেশ্য কৰি সুধিলেমৌলানা চাহাব, হালৈ আৰু দোকানীসকল বেলেগ ক'ৰবালৈ গুচি গৈছে নেকি?

    জোহৰীয়ে হুমুনিয়াহ কাঢ়ি ক'লেজাহাঁপনা, তিনিমাহ হ'ল বজাৰত ৰুটী পাবলৈ নাই। আটা নাই। অৱৰোধৰ সময়ত বহুতো মানুহ নাখাই-নবৈ ভোক-পিয়াহত মৰিছে। জীয়াই থকাবোৰে নাখাই-নবৈ শক্তিহীন হৈ পৰিছে। ছাদৰপৰা বৰফ আঁতৰোৱাৰো শক্তিকণ নাই সিহঁতৰ ।

    বাবৰৰ অনুমান হ', জোহৰীয়ে যেন এই দুৰ্দশাৰ বাবে তেওঁকে পৰোক্ষভাবে দোষী সাব্যস্ত কৰি আছে। বাবৰে জোহৰীৰ পৰোক্ষ প্রশ্নৰ উত্তৰৰ আশাত অপ্রস্তুতভাবে কাশিম বেগলৈ চালে।

    কাশিম বেগে বাবৰৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি আহত ও হৃদয় বিদাৰক বিষণ্ণ সুৰত জোহৰীক সুধিলেতথাপিও দুই এজন হালৈয়ো জীয়াই থকা নাই নেকি?

    হয় আছে, দুই-চাৰিজন নিশ্চয় জীয়াই আছে; কিন্তু সিহঁতৰো সহায়ৰ প্রয়োজন। আপুনি যদি এই মুহূর্তে সিহঁতক আটা দিবলৈ খাজাঞ্চীক আদেশ দিয়ে তেনেহ'লে হয়তো দোকান-পাট পুনৰ খুলিব আৰু চমৰকন্দবাসীয়েও পুনৰ ৰুটী ও মিঠেৰ সোৱাদ লোৱাৰ সুবিধা পাব।

    জোহৰীৰ কথাত বাবৰৰ চকু-মুখত সহানুভূতি ও বেদনাৰ অভিব্যক্তি ফুটি উঠিল। তেওঁ প্ৰশ্নবোধক দৃষ্টিত কাশিম বেগৰ ফালে চালে। বাবৰৰ চকু মুখত উৎকণ্ঠা আৰু সহানুভূতিৰ প্ৰতিবিম্ব দেখি কাশিম বেগ উৎকণ্ঠিত হৈ উঠিল। তেওঁৰ অনুমান হ'ল যেন বাবৰে তেতিয়াই তেওঁক হালৈসকলক আটা যোগান ধৰিবলৈ আদেশ দিব ।

    বাবৰে যাতে আটা যোগান ধৰিবলৈ আদেশ দিয়াৰপৰা বিৰত হয় তাৰ বাবে কাশিম বেগে ব্যস্তভাবে ক'লে- জাহাঁপনা, আমাৰ নিজৰ বাবে সামান্য খাদ্য সামগ্ৰীহে মজুত আছে। সৈনিক আৰু বেগসকলৰ বাবেও ৰচদ পাতিৰ প্রয়োজন। গতিকে বৰ্তমান আমাৰ ফালৰপৰা আটা যোগান ধৰাটো সম্ভৱ নহ'হয়তো পাছত কিবা.......

    কাশিম বেগে বাক্যটো আধৰুৱা কৈ এৰিলে।

    বাবৰে উত্তেজিতভাবে জোহৰীৰ ফালে চালে।

    জোহৰীয়ে আশা ভৰা কৌতূহলী দৃষ্টিত বাবৰৰ ফালেই চাই আছিল। জোহৰীৰ দৃষ্টিত প্ৰচ্ছন্ন হৈ আছিল বিমৰ্ষ-বিষণ্ণ চিন্তাৰ প্রচ্ছায়া।

    জোহৰীৰ কৃশ কুঞ্চিত দেহলৈ চাই মহম্মদ মজহৰে লিখা শায়েৰীৰ চিত্ৰ এটা বাবৰৰ মানসপটত ভাহি উঠিল৷ বাবৰৰ অনুমান হ'ল, তেওঁ যদি জোহৰীৰ মনোবাঞ্ছা পূৰণ কৰিব নোৱাৰে তেনেহ'লে জোহৰী বৰ নিৰাশ হ'ব। কথাষাৰ ভাবি বাবৰৰ হৃদয় শোকাচ্ছন্ন হৈ পৰিল ।

    বাবৰে ৰেকাবৰ ওপৰত ভৰ দি অৰ্দ্ধ দণ্ডায়মান হৈ ক'লেতৰু-তৰকাৰী সদাগৰসকলক নিদি হালৈসকলক দি দিয়ক। যিকোনো উপযুক্ত মানুহ এজনক দায়িত্ব দি হালৈসকলৰ এটা তালিকা প্রস্তুত কৰি আমাৰ ফালৰপৰা আটা দি সিহঁতৰ জৰিয়তে ৰুটী বনাবলৈ আদেশ দিয়ক। ৰুটী বনোৱা হ'লে আমাৰ ফালৰপৰা ৰুটীবোৰ চমৰকন্দৰ ভোকাতুৰ মানুহবোৰৰ মাজত বিলাই দিয়াৰ ব্যৱস্থা কৰিব৷ পাঁচ-ছয় বস্তা আটা খৰচ হ'লে আমাৰ সৈনিকসকলৰ ৰচদ-পাতিৰ নিশ্চয় নাটনি নহ'ব। কাইলৈ বা পৰহিলৈয়ে আটা পঠোৱাৰ ব্যৱস্থা কৰিব

    বাবৰৰ নিৰ্দেশ শুনি জোহৰীৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। বাষ্পাৰুদ্ধ কণ্ঠত ক'লে তেওঁআল্লাহই আপোনাৰ মংগল কৰক। দান-দক্ষিণা কৰিবলৈ আপোনাৰ ভঁৰাল ধন-সোণেৰে ওপচাই পেলাওঁক ।

    বাবৰৰ আদেশত জোহৰী প্ৰসন্ন হ'ল যদিওঁ কাশিম বেগ আৰু সৈনিকসকল মনে মনে অপ্রসন্ন ও বিৰক্ত হৈ উঠিল।

    বিশেষভাবে বিৰক্ত হৈ উঠিল আহম্মদ তনৱাল সি ঘোঁৰাৰ লেকাম টানি ধৰি কেৰাহিকৈ বাবৰৰ ফালে চাই স্পষ্টভাবেই ভোৰভোৰালে ক'ৰ পৰা আহিব ইমান তৰু-তৰকাৰী আৰু আটা; যাৰ জৰিয়তে বায়সংকুৰে ভাগ্যৰ হাতত এৰি থৈ যোৱা ইমান সোপা ভোকাতুৰ মানুহৰ পেট ভৰিব? আমি অন্নসত্ৰ খুলি খুৱাবলৈ আহিছোঁ নেকি ইয়ালৈ?

    আহম্মদ তনৱাল প্ৰকৃতাৰ্থত বাবৰৰ ঘোৰ শত্ৰু। শত্ৰুতা কৰাৰ কাৰণো আছিল অৱশ্যে। বাবৰৰ দেউতাক ওমৰ শ্বেখৰ সময়ত একমাত্ৰ তাৰ নিষ্ঠুৰতাৰ কাৰণে দক্ষতা থকা সত্বেও সি দ্বিতীয় শ্ৰেণীৰ বেগৰ মৰ্যদাহে পাইছিল। গতিকে ওমৰ শ্বেখৰ মৃত্যুৰ পাছত বাবৰৰ সতীয়া ভায়েক মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ বাবে সি চেষ্টা চলাইছিলকিন্তু সেই প্রচেষ্টা খাজা আবদুল্যাৰ প্রত্যুৎপন্নমতিতাৰ বাবে ব্যৰ্থ হৈছিল। ফলত সি পেটে পেটে বাবৰক বেয়া পাইছিল। বাবৰৰ ওচৰতো তনৱালৰ এই ষড়যন্ত্ৰৰ কথা গুপুতে নাছিল। গতিকে বাবৰেও তাক প্রকাশ্যে একো নক'লেও পেটে পেটে বেয়া পাইছিল।বাবৰৰ এই মনোভাৱৰ কথা তনৱালেও জানিছিল৷গতিকে সি বাবৰৰ বিৰুদ্ধাচাৰণ কৰাৰ বাবে সুযোগ বিচাৰি ফুৰিছিল।

    আহম্মদ তনৱাল লোভী আৰু নিষ্ঠুৰ প্ৰকৃতিৰ লোক হিচাপেও জনাজাত আছিল। বাবৰে নিজেই এদিন তাৰ এই নিষ্ঠুৰতাৰ নিদৰ্শন নিজ চকুৰে প্ৰত্যক্ষ কৰি থৈছে। সিদিনা তনৱালে পোন্ধৰজন চগ্ৰকৰ (তুর্কী ভাষী এটা গোষ্ঠী) তেজেৰে লুতুৰি-পুতুৰি কটা মূণ্ড সগর্বে বাবৰৰ সন্মুখত থৈ পশুসুলভ বৰ্বৰতাৰ নিদৰ্শন দাঙি ধৰিছিল। দৃশ্য দেখি বাবৰৰ ক্ৰযোৰ ঘৃণাত কোঁচ খাই গৈছিলতনৱালৰ প্ৰতি সঞ্চাৰিত হৈ উঠিছিল তীব্র বিদ্বেষ। তথাপিও বাবৰে তিৰস্কাৰৰ পৰিবৰ্তে কাশিম বেগৰ অনুৰোধ মৰ্মে সোণৰ তৰোৱালৰে পুৰস্কৃতহে কৰিছিল তাক৷ তনৱালে সানন্দে তৰোৱালখন গ্ৰহণ কৰি চিৰদিন বাবৰৰ অনুগত হৈ থকাৰ বাবে শপতো খাইছিল সিদিনাতনৱালে আনুগত্যৰ শপত খালেও আগৰ ষড়যন্ত্ৰৰ কথা সুঁৱৰি বাবৰে তাক কোনোদিনেই বিশ্বাসত ল'ব পৰা নাছিলতনৱালেও কথাটো ভালদৰেই অৱগত আছিল৷

    জ্বলা জুইত ঘৃতাহুতি দিয়াৰ দৰে আন এটি ঘটনাও ঘটিছিলযাৰফলত তনৱাল বাবৰৰ ওপৰত অধিক ক্ষুন্ন হৈ উঠিছিল।

    বাবৰৰ বায়েক খানজাদা বেগমৰ প্ৰতি তনৱালৰ বহুদিনৰ পৰা দুৰ্বলতা আছিলকিন্তু খানজাদা বেগমে তনৱালক চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ তনৱালে বাবৰৰ মোমায়েক আলী দোস্ত বেগৰ জৰিয়তে খানজাদা বেগমক বিয়া কৰোৱাৰ বাবে পয়গাম পঠাইছিল। কিন্তু খানজাদা বেগমে প্ৰস্তাৱটোত প্ৰত্যক্ষভাবেই অসন্মতি প্ৰকাশ কৰিছিল। বাবৰ নিজেও প্ৰস্তাৱটোৰ বিৰোধী আছিল ।

    খানজাদা বেগমৰ দ্বাৰা প্ৰত্যাখাত হোৱাৰ পাছৰে পৰা তনৱাল অধিকভাবে বাবৰৰ প্রতি বিদ্বেষী হৈ উঠিছে আৰু দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সি সকলো অপমান মুখ বুজি সহ্য কৰি বাবৰৰ আনুগত্য স্বীকাৰ কৰি আছে। কিন্তু সি সুযোগ পালেই তেতিয়াৰ পৰা বাবৰৰ কাৰ্যৰ বিৰোধিতা কৰি আহিছে আৰু আজিৰ এই বিৰোধিতাও তাৰে এটা প্ৰকাশ্য ৰূপহে আছিল মাথোন

    তনৱালৰ প্ৰকাশ্য বিৰোধিতাত বাবৰৰ খং উঠিছিল যদিও পৰিস্থিতিৰ কথা উপলব্ধি কৰি তেওঁ নিজকে সংযত কৰি ক'লেজ্বনাব, আমি চমৰকন্দবাসীক খুওৱাবলৈ অহা নাই সঁচা; কিন্তু সেইবুলি আমি সিহঁতক লুট-পাত কৰিবলৈয়োতো অহা নাই

    বাবৰে ইচ্ছাকৃতভাবেই তনৱালক জব্দ কৰিবলৈ কথাষাৰ ক'লে কাৰণ কালি আহম্মদ তনৱালৰ সেনাই জোহৰীসকলৰ দোকান লুট-পাত কৰিছে।

    বাবৰৰ এই প্ৰকাশ্য সমালোচনাত তনৱাল পেটে পেটে সন্ত্রাসিত হৈ উঠিল। কথাষাৰ শুনি প্ৰথমাৱস্থাত ঘৃণাত তাৰ মুখমণ্ডল কোঁচ খাই উঠিছিল যদিও পৰিস্থিতিৰ গুৰুত্বলৈ চাই সি অতি ক্ষিপ্ৰতাৰে নিজক সংযত কৰি মুখমণ্ডল স্বাভাৱিক অৱস্থালৈ আনি ক'লেআপুনি সঁচা কথাকে কৈছে জাহাঁপনা। মোৰ সেনাসকলে লুট-পাত কৰা কথাটো মই স্বীকাৰ কৰিছোঁ। কিন্তু বিজেতাসকলৰ ধন-সম্পত্তিৰ ওপৰত আমাৰ অধিকাৰ নাই জানো ? ইয়াৰ বাবেইতো আমি ইমানবোৰ সেনা কোৰবাণী দিছোঁ৷ পুৰণি পৰম্পৰা অনুসৰি বিজেতাসকলৰ ধন-সম্পত্তিৰ ওপৰত আমাৰ হক (ন্যায্য দাবী) থকাটোওতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে ৷

    সেনাদলৰ মাজত ঘোঁৰাৰ পিঠিত বহি থকা খান কুলি তনৱালৰ কথাত উৎসাহিত হৈ উঠিলসি মুখ ফুটাই একো নক'লে যদিও মূৰ জোকাৰি তনৱালক সমর্থন জনালে। এনেকি সেনাদলৰ অধিকাংশই তনৱালৰ কথাত সন্তুষ্ট ও উৎসাহিত হৈ উঠা পৰিলক্ষিত হ'

    কথাটো বাবৰৰ চকুতো ধৰা পৰিল। কিন্তু সেনাদলৰ সেই সন্তুষ্টিয়ে বাবৰৰ ওপৰত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ৷ কাৰণ তেওঁ জানে, সেনাবোৰৰ মাজৰ সকলো সেনাই তেওঁক সমানে ভাল নাপায়তেওঁৰ ওপৰত অসন্তুষ্ট সেনাও বহুত আছে। সেনাবোৰক সন্তুষ্ট কৰিবলৈ যদি তেওঁ লুট-পাতৰ সুযোগ দিয়ে সেনাবোৰ সন্তুষ্ট হ'ব সঁচা; কিন্তু চমৰকন্দৰ জনগণ ভোকত মৰিব। গতিকে তেওঁ সৈন্যবোৰক সন্তুষ্ট কৰিবলৈ এনেকুৱা নিৰ্মম আদেশ দিয়াটো কোনোপধ্যেই সম্ভৱ নহয়। চমৰকন্দবাসীতো বৰ্তমান তেওঁৰে প্ৰজা!

    বাবৰে এই বিষয়ে কাশিম বেগৰ প্ৰতিক্ৰিয়া জানিবলৈ কাশিম বেগৰ ফালে চালে। কিন্তু কাশিম বেগ নিৰ্বিকাৰ। তেওঁ ইচ্ছা কৰিয়েই হয়তো অইন ফালে চাই থাকিলকাৰণ তেওঁ ইতিমধ্যে তনৱালৰ ধৃষ্টতাত পেটে পেটে ক্ষুদ্ধ হৈ উঠিছিল হয়তো।

    গতিকে বাবৰে কাশিম বেগৰ প্ৰতিক্ৰিয়া জানিব নোৱাৰি মনে মনে হতাশ হৈ উঠিলতথাপি বাবৰে পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে কণ্ঠস্বৰ যথাসম্ভৱ কোমল কৰি ক'লেচমকন্দবাসীৰ এই দুৰ্দশাৰ কাৰণে পৰোক্ষভাবে আমিয়েতো দায়ী। সাতমাহ কাল আমি চমৰকন্দ অৱৰোধ কৰি নাৰাখিলে সিহঁতৰ এই অৱস্থা নহ'লহেঁতেন। তদুপৰি দোষী বায়সংকুৰহে, চমৰকন্দৰ সাধাৰণ নাগৰিকতো ইয়াৰ বাবে দায়ী নহয়!

    বাবৰে তনৱালৰ লগত কৈফিয়তৰ সুৰত কথা কোৱা দেখি কাশিম বেগ অধৈৰ্য হৈ উঠিল। গতিকে তেওঁ প্ৰসংগটো সিমানতে সামৰিবলৈ বিৰক্তি প্রকাশ কৰি ক'লেন্যায় হওঁক বা অন্যায় হওঁক বাদচাহৰ আদেশ অলঙ্ঘনীয়; অন্ততঃ কিছু বিশেষ বিশেষ পৰিস্থিতিত। এই ক্ষেত্ৰত জাহাঁপনাই অৱশ্যে ন্যায়সংগত কথাকে কৈছে। গতিকে তৰ্ক কৰি লাভ নাই। জাহাঁপনাৰ আদেশ অনুসৰি কাইলৈয়ে আটা দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু আটা বিতৰণৰ সময়ত মই নিজে উপস্থিত থাকি বিতৰণ কৰিম

    বাবৰে কাশিম বেগৰ ফালে কৃতজ্ঞতাপূর্ণ দৃষ্টিত চাই উৎসাহিত কণ্ঠত ক'লেতেনেহ'লে কামটো হ'ব বুলিয়ে মই ধৰি ল'লো । এইদৰে কৈ খন্তেক ৰৈ শায়েৰ জোহৰীলৈ উদ্দেশ্য কৰি ক'লে'লক, আমি এতিয়া কিতাপৰ দোকানলৈ যাওঁগৈ৷

    জোহৰীয়ে বাবৰক অকোৱা পকোৱা ৰাস্তা এটাৰে লৈ যাবলৈ ধৰিলে। দুয়োকাষে শাৰী শাৰী দোকান। তেওঁলোক এখন কিতাপৰ দোকানৰ সন্মুখত ৰৈ গ'

    দোকানখন খোলা। দোকানৰ বাহিৰৰ পৰা ৰেকত সজাই থোৱা কিতাপসমূহ বাবৰৰ চকুত পৰিল

    বাবৰে দোকানৰ সন্মুখত থিয় হৈ কিতাপসমূহৰ ওপৰত চকু ফুৰাবলৈ ধৰিলে।

    হঠাৎ এটা অস্পষ্ট চিঞৰ বাবৰৰ কাণত পৰিল। চিঞৰটো শুনাৰ লগে লগে তেওঁ কৌতূহলী হৈ উঠিল আৰু মূৰ তুলি উৎকৰ্ণ হৈ চিঞৰৰ উৎস বিচাৰিবলৈ ধৰিলে।

    খন্তেক পাছতে ওৰণিবিহীন মূৰ আৰু খালী ভৰিৰ এজনী বুঢ়ী মানুহ উদ্ভ্রান্তৰ দৰে তেওঁ সৰু গলিৰ পৰা ৰাস্তালৈ ওলাই অহা দেখিলে। বুঢ়ীজনীৰ পিছে পিছে আন এজন আদহীয়া মানুহ আহি থকাও তেওঁৰ চকুত পৰিল ।

    বুঢ়ীজনী ৰাস্তালৈ ওলাই আহিয়ে বলিয়াৰ দৰে গোৱালগালি পাৰিবলৈ ধৰিলে  যিজনে মোৰ ল'ৰাটোক মাৰিলে আল্লাহই যেন তাৰ ওপৰত গজব দিয়ে। মোৰ ল'ৰাটোৰ দৰেই যেন তাৰ ভোক-পিয়াহত মৃত্যু হয়।'

    এনেতে হঠাৎ সন্মুখত অশ্বাৰোহী সৈনিক দেখি বুঢ়ী আৰু আদহীয়া মানুহজন থমকি ৰৈ গ'ল।

    আদহীয়া মানুহজন কিংকর্তব্যবিমূঢ় হৈ থিয় দি ৰ'ল যদিও বুঢ়ীজনীয়ে নিজক চম্ভালিলৈ আগতকৈও উচ্চকণ্ঠত সৈনিকসকলৰ ফালে চাই ক'বলৈ ধৰিলেএনেকুৱা অৱৰোধৰ মাজত পৰিলে আল্লাহ নিজেও ধ্বংস হৈ গ'লহেঁতেনমানুহতো দূৰৰ কথা। অৱৰোধকাৰীসকল মোৰ ল'ৰাৰ দৰে ভোক-পিয়াহত মৰকগেলি-পচি মৰক।

    জোহৰীয়ে বিৰক্তি ভৰা কণ্ঠত আদহীয়া মানুহজনলৈ উদ্দেশ্য কৰি সুধিলেকি হ'ল কুতুবুদ্দিন? বুঢ়ীয়ে এইদৰে হুলস্থুলখন লগাইছে কিয় ?

    জোহৰীৰ বিৰক্তি ভৰা কণ্ঠত সতর্কবাণীৰ সুৰো প্ৰচ্ছন্ন হৈ আছিলগতিকে কুতুবুদ্দিনে সন্ধানী দৃষ্টিত অশ্বাৰোহীসকললৈ চাই পঠিয়ালে

    কুতুবুদ্দিনে অশ্বাৰোহীসকলৰ মাজত ৰাজমুকুট পৰিহিত বাবৰক দেখি সচকিত হৈ উঠিল৷ বাবৰক আগতে কোনো দিন নেদেখিলেও ৰাজমুকুট দেখিয়ে সি মানুহজন যে আন কোনো নহয়, স্বয়ং বাবৰহে এই কথা বুজিবলৈ তাৰ পলম নহ'ল। বিদ্যুৎপৃষ্ট মানুহৰ দৰে সি জাঁপ মাৰি আহি বুঢ়ীজনীক টানি হেঁচুকি কিতাপৰ দোকানৰ পাছফাললৈ লৈ গ'ল ।

    বুঢ়ীক থৈ কুতুবুদ্দিন ফোঁপাই-জোপাই লৰি আহি বুকুত হাত থৈ অশ্বাৰোহীসকলৰ মাজত থিয় হৈ বাবৰলৈ উদ্দেশ্য কৰি কাকুতি-মিনতি কৰি কবলৈ ধৰিলেজাহাঁপনা, বেয়াদপী ক্ষমা কৰিব ৷ সেইজনী মোৰ ভাই-বোৱাৰী । তাই নিজৰ পুতেকৰ মৃত্যুত একেবাৰে উন্মাদ হৈ গৈছেআমি আটায়ে ভোকত ছটফটাই আছিলোঁ। এদিন দুদিন নহয়একেৰাহে কেইবাদিনোপানী আৰু তুঁহৰ ৰুটীয়ে আছিল আমাৰ খাদ্য। ভতিজা ল'ৰাটোৱে ভোকৰ জ্বালা সহ্য কৰিব নোৱাৰি এদিন খলিহৈ খালে৷ তাৰ শৰীৰ ঢোলৰ দৰে ফুলি উঠিল আৰু পাছদিনাই সি মৰিল ।

    কুতুবুদ্দিনৰ বৰ্ণনাত এক মর্মস্পর্শী বেদনাৰ সুৰ প্ৰচ্ছন্ন হৈ আছিল। উপস্থিত আটায়ে তাৰ বৰ্ণনা শুনি নিৰ্বাক হৈ গ'ল। বাবৰ ব্যথিত হোৱাৰ লগে লগে সংকুচিতও হৈ উঠিল। কুতুবুদ্দিনৰ ফালে চাই তেওঁ অস্বস্তিত তলমূৰ কৰিলে আৰু মনে মনে ভাবিলেএনেয়ে মানুহবোৰৰ দুঃখ কুলাই-পাচিয়ে নধৰা হৈছে, ইয়াৰ উপৰিও যদি ভূতৰ ওপৰত দানহ পৰাদি এই দুৰ্কপলীয়া মানুহবোৰৰ ধন-সম্পত্তি লুট-পাত কৰিব খুজে কেনে নির্দয় হৃদয় বিদাৰক কথা হ'ব !

    কণ্ঠস্বৰ বস্ত্ৰাৱৰণেৰে ঢাকি ৰাখিব নোৱাৰাৰ দৰে বাবৰেও তেওঁৰ মনৰ বেদনা লুকাই ৰাখিব নোৱাৰিলে। শীতৰ কুঁৱলিৰ দৰে তেওঁৰ মুখমণ্ডলত বেদনাৰ ছাঁ পৰিল৷

    বাবৰৰ মুখমণ্ডলত বেদনাৰ অভিব্যক্তি দেখি আহম্মদ তনৱাল আৰু খানকুলিৰ বাহিৰে আটায়ে তলমূৰ কৰিলেআহম্মদ তনৱাল আৰু খানকুলিয়ে পৰস্পৰে পৰস্পৰৰ মুখলৈ চাই বিৰক্তিত ভ্রূ কোঁচালে

    কুতুবুদ্দিন চহৰৰ এজন বিখ্যাত কিতাপ ব্যৱসায়ী।

    জোহৰীয়ে কুতুবুদ্দিনক বাবৰ অহাৰ উদ্দেশ্য জনালে- ব'লা, ভিতৰলৈ ব'লা। জাহাঁপনাই তোমাৰ দোকানৰ কিতাপ চাবলৈ আহিছে।

    কুতুবুদ্দিন উৎসাহিত হৈ উঠিল। তাৰ মনত ব্যৱসায়ীসুলভ মনোভাব জাগি উঠিল। সি আথেবেথে বাবৰক আদৰি দোকানৰ ভিতৰলৈ লৈ আহিল। ব্যস্তভাবে সি ৰেকৰ পৰা দুৰ্লভ কিতাপসমুহ নমাই আনি জাৰি-জোকাৰি মেজৰ ওপৰত থ'বলৈ ধৰিলে

    কিতাপ নমোৱা হ'কুতুবুদ্দিনে সসন্মানে এখন এখনকৈ কিতাপ বাবৰলৈ আগবঢ়াই কিতাপ সমূহৰ বৰ্ণনা দি যাবলৈ ধৰিলেএইয়া এই সোণোৱালী মলাটৰ কিতাপখন মহম্মদ কাশগৰীৰ কিতাপ, এয়া এইখন আব্দুৰ ৰহমান জামীৰৰ কিতাপ। এইখন বেচ দামী কিতাপ। এয়া বিভিন্ন ছবি থকা কিতাপখন আব্দুৰ ৰেজ্জাক চমৰকন্দীৰ কিতাপ আৰু এয়া উর্দুত লিখা নবাইৰ খেজান-উল-ওজান।

    বাবৰে কুতুবুদ্দিনৰ বৰ্ণনা শুনি যোৱাৰ লগে লগে কিতাপসমূহ লাৰি-চাৰি চাই যাবলৈ ধৰিলে। কিতাপসমূহ তেওঁৰ পচন্দও হ'বহুদিনৰ পৰা এনেকুৱা কিতাপেই তেওঁ বিচাৰি আছিল৷

    বাস্তৱতো প্ৰতিখন কিতাপেই দুষ্প্ৰাপ্য আৰু মূল্যবান। বাবৰৰ পুথিভঁড়ালৰ শোভাবৰ্দ্ধনৰ কাৰণে প্ৰতিখন কিতাপেই উপযুক্ত আৰু প্ৰয়োজনীয় আছিল। কিতাপসমূহ সঁচাকৈয়ে অমূল্য। সোণ-ৰূপেৰে কিতাপসমূহৰ মূল্য জোখা সম্ভৱ নাছিল। ধূলি ধূসৰিত দোকানত থিয় হৈয়ো বাবৰৰ এনেকুৱা উপলব্ধি হ'ল যেন তেওঁ পৰীৰ ৰাজ্যতহে বিচৰণ কৰি আছে।

    বাবৰে ৰেকৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি সুধিলেইয়াৰ বাহিৰে আৰু কি কি কিতাপ আছে?

    বাবৰৰ উৎসাহ দেখি কুতুবুদ্দিনে ৰেকৰ পৰা এখন এখনকৈ কিতাপ উলিয়াই আনি বাবৰক দেখুৱাই যাবলৈ ধৰিলে

    কাশিম বেগেও কিতাপসমূহৰ ওপৰত চকু ফুৰাই আছিল। কিতাপসমূহৰ অভিনৱ দামী পকাবন্ধা মলাটৰ কাৰুকাৰ্য আৰু বৃহৎ আকাৰলৈ লক্ষ্য কৰি কিতাপসমূহ দূর্লভ আৰু বহুমূলীয়া বুলি তেওঁ ভাবিবলৈ বাধ্য হ'ল। ইমানবোৰ কিতাপ কিনিবলৈ হ'লে নিশ্চয় বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন হ'; কিন্তু তেওঁলোকৰ বৰ্তমান ধনৰ নাটনি। ইফালে চমৰকন্দৰ পৰা খাজনাৰ নামত একো পোৱাৰ সম্ভাৱনাও নাই সদ্যহতেআন্দিজানৰ পৰা অনা সোণো পর্যাপ্ত নাই বর্তমান। চমৰকন্দলৈ অহাৰ সময়ত কিতাপ কিনিব লাগিব বুলি চিন্তা কৰিও অহা নাই তেওঁলোকে। ইফালে বাবৰে নিৰ্বাচিত কিতাপৰ দ'ম লগাইয়ে আছিল। দহোটাতকৈ বেছি কিতাপ আছিল দ'মটোত। কিতাপসমূহৰ মূল্যৰ কথা ভাবি কাশিম বেগ উৎকণ্ঠিত হৈ উঠিল।

    কাশিম বেগে বাবৰৰ কাণৰ ওচৰলৈ মুখ আনি ফুচফুচাই ক'লেজাহাঁপনা বৰ্তমান আমাৰ লগত কোষাধ্যক্ষ নাই ।

    বাবৰ কিতাপৰ মাজত গভীৰভাবে মগ্ন হৈ আছিল । বাহ্যিক জগতৰ কথা পাহৰি গৈছিল তেওঁ তেতিয়াকাশিম বেগৰ কথাত বাস্তৱলৈ উভতি আহিল যদিও তেওঁৰ কথাৰ অৰ্থ বুজিব নোৱাৰি অসহায়ৰ দৰে ক'লেকোষাধ্যক্ষ! কোষাধ্যক্ষ আকৌ কেলেই ?

    কাশিম বেগে কথাটো স্পষ্ট কৰিবলৈ ক'লেকিতাপৰ মূল্য...........

    অ' কোনো অসুবিধা নাই। বাবৰে ক'লেপাছত কোষাধ্যক্ষক পঠিয়াই দিলেই হ'ব। এইদৰে কৈ বাবৰে কিতাপৰ দ'মটোলৈ আঙুলিয়াই ক'লেআপুনি এই কিতাপসমূহৰ মূল্য হিচাপ কৰককাইলৈ কোষাধ্যক্ষই আহি লৈ যাবহি।

    বাবৰৰ ওচৰত কিতাপ বিক্ৰী কৰিবলৈ পাই কুতুবুদ্দিনে নিজকে ভাগ্যবান বুলি ভাবি আছিল আৰু আনন্দত তাৰ মুখমণ্ডল উদ্ভাসিত হৈ উঠিছিলবাবৰৰ কিতাপৰ প্ৰতি থকা আকৰ্ষণ আৰু আগ্ৰহৰ গভীৰতা দেখি কুতুবুদ্দিন অভিভূতও হৈ উঠিছিল। সেয়ে অযাচিতভাবে কিতাপসমূহ কিনাৰ বাবে সি কৃতজ্ঞতাৰ লগতে বাবৰৰ ভূয়সী প্ৰশংসাও কৰিবলৈ ধৰিলে ।

    কুতুবুদ্দিনৰ প্ৰশংসাৰ অন্তৰালত ব্যৱসায়ীসুলভ মনোভাৱৰ উপৰিও বেলেগ কিবা উদ্দেশ্য নিহিত হৈ থকা বুলি বাবৰৰ অনুমান হ'; কিন্তু কুতুবুদ্দিনে যেন কথাটো ক'বলৈ সংকোচ কৰি আছে। গতিকে তেওঁ অভয় দিয়াৰ ভংগীত কুতুবুদ্দিনক উদ্দেশ্য কৰি ক'লেজ্বনাব, আপুনি কিবা ক'ব বিচাৰিছে নেকি ? কওঁক লাজ কৰিব নালাগে। আপোনাৰ কিতাপসমূহ বৰ মূল্যবান। মোৰ খুউব পছন্দ হৈছে।

    জাহাঁপনা, অভয় পাই কুতুবুদ্দিনে সাহস গোটাই ক'লেবর্তমান পৰিস্থিতিত চমকন্দবাসীৰ কাৰণে সোণ-ৰূপৰ কোনো মূল্য নাই। সোণ-ৰূপ থাকিলেও খাদ্যবস্তু কিনা সম্ভৱ নহয়। ভোকত ল'ৰা-ছোৱালীবোৰ ছটফটাই আছে'ৰা-ছোৱালী কেইটাৰ মুখলৈ চালে হৃদয় টুকুৰা-টুকুৰ হৈ যাব খোজে। যদি বেয়া নাপায়, কিতাপৰ মূল্যৰ পৰিবৰ্তে যদি আটা.......

    কুতুবুদ্দিনৰ কণ্ঠস্বৰ আবেগত বাষ্পাৰুদ্ধ হৈ আহিল। আবেগত সি কব খোজা কথাষাৰ শেষ কৰিব নোৱাৰিলে।

    কুতুবুদ্দিনৰ আকৃতি ভৰা কণ্ঠস্বৰত বাবৰ বিচলিত হৈ উঠিল। তেওঁ ভাবিলে, সেই পুত্ৰহাৰা তিৰোতাজনী আৰু এই গণ্যমান্য ব্যক্তিজনঅৱৰোধৰ ফলত খাবলৈ নাপাই শুকাই-খীণাই গৈছে। ল'ৰা-ছোৱালীবোৰ ভোকত ছটফটাই আছে! আৰু আমি? আমি মুদ্ৰা আৰু কিতাপ লৈ ব্যস্ত হৈ আছোঁ !

    বাবৰে মনতে কথাবোৰ ভাবি কিবা কোৱাৰ কাৰণে কাশিম বেগলৈ চালেকিন্তু হঠাৎ তেওঁৰ হালৈৰ দোকানত অলপ আগতে হোৱা কথা-বতৰাৰ কথা মনত পৰি গ'ল। গতিকে তেওঁ কাশিম বেগক একো নকৈ সন্ধিৰ বাঁহ বুদ্ধিৰে কটাৰ কথা ভাবিলে৷ নাক কোঁচোৱা হৃদয়হীন বেগসকলক নজনোৱাকৈ তেওঁ শাহী বাবুর্চিসকলৰ জৰিয়তে কাম সমাধা কৰাৰ কথা ভাবিলে।

    আল্লাহ সর্বজ্ঞআপুনি একো চিন্তা নকৰিব। বাবৰে শিষ্টতাপূর্বকভাবে কথাকেইটা এনেকৈ ক'লে যেন ইয়াত তেওঁৰ কোনো উদ্দেশ্য নাই।

    বাবৰ দোকানৰ পৰা ওলাই আহিল। বাহিৰলৈ আহি তেওঁ তনৱালক খঙালভাবে সৈনিকসকলৰ মাজত ঘোঁৰাত উঠি বহি থকা লক্ষ্য কৰিলে

    সেইদিনা সন্ধিয়াই বাবৰে এক বস্তা আটা, এটা দুম্বা আৰু কিছু নগদ মুদ্রা বাবুচিসকলৰ জৰিয়তে মনে মনে কুতুবুদ্দিনলৈ পঠিয়াই দিলে। কিন্তু যিমানেই মনে মনে নপঠিয়াওঁক কিয় পাচদিনা ৰাতিপুৱাই কথাটো আটায়ে জানি গ'ল। বাবৰক পেটে পেটে ভাল নোপোৱাসকলে আড়ালে-আপডালে বাবৰৰ কাৰ্যৰ সমালোচনা কৰিলে কিন্তু মুখ ফুটাই কোনেও একো নক'লে। কিন্তু আহম্মদ তনৱালে ছেগবুজি খৰ মাৰাৰ উদ্দেশ্যে বাবৰৰ এই বদান্যতাৰ সুযোগলৈ অসন্তুষ্ট বেগসকলক সংঘবদ্ধ কৰি বাবৰৰ বিৰুদ্ধে উচটাই তুলিবলৈ কঁকালত টঙালি বান্ধি নামি পৰিল

    পাচদিনা ৰাতিপুৱা কাশিম বেগেও আগৰ দিনৰ প্ৰতিশ্ৰুতি অনুসৰি হালৈসকল লৈ আটা পঠিয়াই নিজে উপস্থিত থাকি বিতৰণ কৰিলে। বহুদিন পাছত গৰম ৰুটীৰ সুবাসে চমৰকন্দৰ অলি-গলি আমোদিত হৈ উঠিলকিন্তু তাৰে মাজতে বাবৰৰ প্রতি অসন্তুষ্ট একাংশ সেনাই ডাবি ধমকি দি বিনা পইচাত ৰুটীৰ সোৱাদলৈ বাবৰৰ নিষ্কলুষ বদান্যতাত কলংকৰ কালিমা লেপন কৰিবলৈও নাপাহৰিলে৷ এই হঠকাৰিতাৰ অন্তৰালত আছিল আহম্মদ তনৱাল আৰু খানকুলিৰ আক্রোশমূলক উচটনি।

    বেগসকলৰ অনুমতি নোলোৱাকৈ খাদ্যবস্তু বিতৰণ আৰু লুট-পাতৰ ওপৰত প্রতিবন্ধকতা সৃষ্টি কৰাৰ কাৰণে একাংশ বেগ স্বাভাৱিকতে বাবৰৰ প্ৰতি ক্ষুব্ধ হৈ উঠিল। আহম্মদ তনৱাল আৰু খানকুলিয়ে এই অসন্তুষ্টিৰ সুযোগ লৈ প্ৰৰোচনামূলক ভাষণেৰে অসন্তুষ্ট বেগসকলক বিদ্রোহী মনোভাবাপন্ন কৰি তুলিলে আৰু বাবৰৰ বিনা অনুমতিত সিহঁতে তনৱালৰ নেতৃত্বত ফাৰগানা লৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লে।

    সিদ্ধান্ত অনুসৰি এৰাতি আহম্মদ তনৱালৰ সেনাবোৰে পহৰা দি থকা অৱস্থাত পাঁচশজন সেনা লৈ খানকুলি মনে মনে পলাই গ'ল আৰু এই ঘটনাৰ এসপ্তাহ পাছত আহম্মদ তনৱাল দূৰ্গৰ পৰা পলাই গৈ খানকুলিৰ লগ লাগিল । ইয়াৰ পাছত চমৰকন্দত ছটফটাই থকা সেনাবোৰৰ বহুতেই এজন এজনকৈ পলাই গৈ তনৱালৰ লগ লাগিবলৈ ধৰিলে। এইদৰে পলৰীয়া সেনাৰে তনৱালৰ দল শক্তিশালী হ'লত সি এদিন দলবললৈ চমৰকন্দৰপৰা আন্দিজানলৈ গুচি আহিল

 

    আন্দিজানলৈ আহিয়ে তনৱালে আন্দিজানত ৰৈ থকা বেগসকলক ক্ষমতাৰ লোভ দেখুৱাই নিজৰ ফলীয়া কৰি বাবৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিলে আৰু ফাতিমা চুলতানাৰ লগত পৰামৰ্শ কৰি মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত ল'লে।

    এই বিদ্ৰোহৰ সময়ত বাবৰ জ্বৰত ভূগি আছিল। জ্বৰত ভূগি ভূগি তেওঁৰ শৰীৰ একেবাৰে কাহিল হৈ পৰিছিলগতিকে উত্তেজিত হ'লে অসুখ বেছি হোৱাৰ আশংকা কৰি আন্দিজানৰ পৰা অহা সকলো খবৰ হেকিমে বাবৰক জনাবলৈ মানা কৰিছিল। দুই চাৰিটা অতি গুৰুত্বপূৰ্ণ খবৰহে মাথোন তেওঁক জনাবলৈ দিয়া হৈছিল ।

    গতিকে কাশিম বেগে আন্দিজানৰ সকলো খবৰ নিয়মিতভাবে পাই আছিল যদিও বাবৰৰ অসুখৰ কাৰণে কোনো সিদ্ধান্ত ল'ব পৰা নাছিল। তেওঁ মাথোন বেগসকলৰ লগত পৰামৰ্শ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিন্তা-ভাৱনা কৰাৰ লগতে বাবৰ আৰোগ্য হৈ উঠালৈ উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল

    সিদিনা গাটো অলপ ভাল লগাত বাবৰ বোস্তান-ই-শৰাইৰ শয়ন কক্ষত বহি আছিল৷

    ঠিক তেতিয়াই আন্দিজানৰ পৰা অহা পত্রবাহক প্রাসাদৰ তলৰ মহলাৰ দুৱাৰমুখত আহি উপস্থিত হ'ল।

    পত্রবাহকে গোলকৈ মেৰিওৱা মোহৰযুক্ত পত্ৰ এখন বাবৰৰ নিৰাপত্তাৰ দায়িত্বত থকা দেহৰক্ষীজনক দেখুৱাই ক'লেমালিকা চাহিবাই স্বয়ং জাহাঁপনাৰ হাততহে পত্ৰখন দিবলৈ কৈ পঠাইছে।

    কেইদিনমানৰ পৰা বাবৰে আন্দিজানৰ সংবাদৰ বাবে ব্যাকুলভাবে প্রতীক্ষা কৰি আছিলআন্দিজানৰ পৰা কোনো সংবাদ আহিছে, নে নাই প্ৰতিদিনে তেওঁ খা- খবৰো লৈ আছিল। বাবৰৰ উৎকণ্ঠা দেখি দেহৰক্ষীসকলো উৎকণ্ঠিত হৈ আছিল। গতিকে পত্রবাহকৰ হাতত পত্ৰ দেখি দেহৰক্ষীজনে পত্রবাহকক বাৰান্দাত অপেক্ষা কৰিবলৈ কৈ সি তৎক্ষণাৎ বাবৰৰ শয়নকক্ষৰ পহৰাৰ দায়িত্বত থকা দেহৰক্ষীজনৰ ওচৰলৈ আহি বাবৰৰ লগত পত্রবাহকৰ সাক্ষাতৰ অনুমতি বিচাৰিলে

    দেহৰক্ষীজনে বাধা দি ক'লেনাই নাই, এনেকৈ পোনপটীয়াভাবে জাহাঁপনাক পত্ৰ দিব পৰা নাযায়পত্ৰখন প্ৰথমে উজীৰ-এ-আজমে পঢ়িব। যদি সংবাদ ভাল হয় তেতিয়াহে জাহাঁপনাক পঢ়িবলৈ দিয়া হ'ব।

    এনেতে পত্রবাহকজন তালৈ আহি ক'লেকিন্তু মালিকা চাহিবাই পত্ৰখন স্বয়ং জাহাঁপনাকহে দিবলৈ কৈ পঠাইছে।

    ঠিক তেনেতে হেকিম চাহাবো তালৈ আহি পালেহি। তেওঁ পত্রবাহক আৰু ৰখীয়াজনৰ বাক-বিতণ্ডা শুনি কৌতূহলী হৈ ৰৈ গ'ল আৰু তেওঁ বাক-বিতণ্ডাৰ কাৰণ জানিব বিচাৰিলে কি হ'? কি লৈ বাক-বিতণ্ডা চলিছে?

    দুৱাৰ ৰখীয়াজনে ক'লেআন্দিজানৰ পৰা পত্রবাহক আহি পাইছেসি স্বয়ং জাহাপনাক পত্র দিব খুজিছে। কিন্তু ম‍ই নিষেধ কৰাত মোৰ লগত তৰ্ক কৰি আছে।

    হেকিমে দুৱাৰ ৰখীয়াক সমৰ্থন কৰি ক'লেজাহাঁপনাৰ অৱস্থা বিশেষ ভাল নহয়৷ বেয়া খবৰে অৱস্থা অধিক জটিল কৰি তুলিব পাৰে৷ অলপ আগতে অৱস্থাৰ কিছু উন্নতি হৈছে যদিও মানসিক কোনো আঘাত পালে অৱস্থা পুনৰ বেয়াৰ ফাললৈ যাব পাৰে। চিন্তা-ভাৱনা, উৎকণ্ঠাই ৰোগ বৃদ্ধি কৰে। ৰোগেও ৰোগীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুবিধা পায়। যিহেতু অৱস্থা কিছু ভালৰ ফালে আহিছে, গতিকে এই সময়ত পত্ৰখন নিদিয়াটোৱেই বেছি নিৰাপদ হ'

    আন্দিজান বর্তমান শত্ৰুৰ কবলতপত্রবাহকে যুক্তি তৰ্ক আৰম্ভ কৰিলেযদি এতিয়াই জাহাঁপনাক পত্ৰখন দিয়া নহয়, তেনেহ'লে পলম হৈ যাব আৰু আন্দিজানো তেতিয়া শত্ৰুৰ হস্তগত হোৱাটো অসম্ভৱ নহয়৷

    হেকিমে আঁকোৰগোজ মনোভাবেৰে ক'লেনাই নাই, তথাপি ম‍ই অনুমতি দিব নোৱাৰিম। মোক ক্ষমা কৰিব। এই বিষয়ে আপুনি কাশিম বেগৰ লগত আলোচনা কৰকগৈ। এজন চিকিৎসক হিচাপে মোৰ ওচৰত ৰোগীৰ নিৰাপত্তাহে সকলোৰে ওপৰত

    কিন্তু হেকিম চাহাব...... মূৰ খজুৱাই খজুৱাই হতাশ ও বিষণ্নসুৰত পত্রবাহকে অনুনয় জনালে।

    নাই নাই, অসম্ভৱ. বিৰক্তিত হেকিমৰ ভ্ৰূযুগল কুঞ্চিত হৈ উঠিল ৷

    বাক-বিতণ্ডা বাবৰৰ শয়ন কক্ষৰ দুৱাৰমুখত হৈ আছিল। গতিকে বাক-বিতণ্ডাৰ শব্দ বাবৰৰ কাণতো পৰিল। তেওঁ কিলাকুটিত ভৰ দি বহি উচ্চকণ্ঠত মাতি ক'লেযদি পত্রবাহক আহিছে, মোৰ ওচৰলৈ আহিবলৈ দিয়ক। এয়া মোৰ আদেশ

    বাবৰৰ উৎকণ্ঠিত গুৰু-গম্ভীৰ কণ্ঠৰ প্ৰভাৱত বাক-বিতণ্ডা বন্ধ হৈ গ'ল। পৰাজয়ৰ গ্লানিত হেকিমৰ মুখমণ্ডল উদ্ভট ও হাস্যকৰ হৈ উঠিল । তেওঁ অসহায়ৰ  দৰে দুৱাৰ ৰখীয়া জনলৈ কিবা আশ্বাস পোৱাৰ আশাত চালে । কিন্তু দুৱাৰ ৰখীয়াজনে কোনো ধৰণৰ প্ৰতিবাদ নকৰি অনিচ্ছা সত্বেও পত্রবাহকজনক শয়ন কক্ষৰ ভিতৰলৈ সোমাই যাবলৈ অনুমতি দিলেযাওঁক, জাহাঁপনাই স্বয়ং হুকুম কৰিছে যেতিয়া আমাৰ ফালৰপৰা ক'বলৈ একোকে নাই

    পত্রবাহক ভিতৰলৈ সোমাই আহি আঁঠুকাঢ়ি থিয় হ'ল। আঁঠুৰ ওপৰত ভৰ দি লাহে লাহে সি বাবৰৰ ওচৰলৈ আহি দুহাতেৰে পত্ৰখন ধৰি সসন্মানে বাবৰলৈ আগবঢ়ালে। বাবৰে উৎকণ্ঠিতভাবে পত্ৰখন হাতত লৈ এখন গাৰুত ভৰ দি অৰ্ধশায়িত হৈ বহি মোহৰ এৰুৱাই খামৰ মুখ খুলি খামৰ পৰা পত্ৰখন উলিয়ালে, পত্ৰৰ লগত এটুকুৰা কাকতো বাহিৰ হ'কাকত টুকুৰাত খাজা আবদুল্লাৰ হস্তাক্ষৰ আৰু পত্ৰখনত মাক কুতলুগ নিগাৰ বেগমৰ হস্তাক্ষৰ দেখি বাবৰ ব্যস্ত হৈ উঠিল ৷ তেওঁ অতি আগ্ৰহেৰে দুয়োখন পত্ৰ পঢ়ি উদ্ভ্রান্ত ও ক্লিষ্ট দৃষ্টিত পত্রবাহকলৈ চালে। উত্তেজনাত তেওঁৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে

    দুয়োখন পত্ৰৰ বিষয়বস্তু একে আছিল। শত্রুই আন্দিজান অৱৰোধ কৰি আছে আৰু সেই অৱৰোধৰ নেতৃত্ব দিছে স্বয়ং আহম্মদ তনৱালেপৰিস্থিতি খুবেই সংকটজনক। যিকোনো মুহূৰ্তত আন্দিজান শত্ৰুৰ হস্তগত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। অচিৰে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দিজান শত্ৰুৰ কৱলৰ পৰা ৰক্ষা কৰা খুবেই কঠিন হ'ব।বাবৰৰ হস্তক্ষেপ ব্যতিৰেকে আন্দিজান ৰক্ষা কৰা সম্ভৱ নহয়। এইদৰে লিখাৰ পাছত দুয়োখন পত্ৰতে অতি শীঘ্ৰে বাবৰৰ হস্তক্ষেপৰ কাৰণে আবেদন জনোৱা হৈছে

    আহম্মদ তনৱাল যে লোভী আৰু ম‍ইমতালি স্বভাৱৰ এই কথা অৱশ্যে বাবৰৰ অবিদিত নহয়কিন্তু সি যে ইমান দূৰ আগবাঢ়িব এই কথা তেওঁৰ কল্পনাৰো অগোচৰ আছিলগতিকে তেওঁ নিৰুদ্ধ আক্রোশত পত্ৰখন মুঠি মাৰি ধৰি উত্তেজিত কণ্ঠত কৈ উঠিলবিশ্বাসঘাতক তনৱাল! সি আন্দিজান অৱৰোধ কৰি ৰাখিছে? বিশ্বাসঘাতক বেগসকল তনৱালৰ লগত লগহৈ ষড়যন্ত্ৰ কৰি মির্জা জাহাংগীৰক সিংহাসনত প্ৰতিষ্ঠিত কৰিবলৈ উঠি পৰি লাগিছে? ইয়াৰ উদ্দেশ্য মোৰ পৰা গৃহৰাজ্য আন্দিজান কাঢ়ি লোৱা? আহম্মদ তনৱালে নাবালক বাদচাহৰ হৈ ৰাজ্য শাসন কৰাৰ সপোন দেখিছে? নাই নাই, তনৱালৰ এই সপোন কেতিয়াও দিঠকত পৰিণত হ'বলৈ দিয়া নহ'ব। মোৰ ঘোঁৰা সাজু কৰা....... মোৰ হেংদান আনা৷ ম‍ই এতিয়া এই মুহূর্তে আন্দিজানলৈ যাত্ৰা কৰিম। তনৱালৰ সপোন মই চিৰদিনৰ কাৰণে স্তব্দ কৰি দিমম‍ই তনৱালক এনেকুৱা শিক্ষা...........

    বাবৰে বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁৰ মুৰ আচন্দ্ৰাই কৰি উঠিল আৰু লগে লগে তেওঁৰ গাত তীৰ কঁপে জ্বৰ উঠিল। উত্তেজনাত মূৰৰ শিৰা-উপশিৰাবোৰ স্ফীত হৈ উঠিল আৰু তেওঁ ক'ব নোৱাৰাকৈয়ে গাৰুৰ পৰা মূৰ সুলকি গৈ পিছফালে ঢলি পৰিল ।

    মূৰটো গাৰুৰ পৰা সুলকি পৰাৰ পাছত বাবৰে আচ্ছন্নৰ দৰে ভাবিবলৈ ধৰিলে আন্দিজানত যদি আহম্মদ তনৱাল আৰু জাহাংগীৰৰ জয় হয় তেতিয়া বেছিভাগ মানুহেই সিহঁতৰ পক্ষত যোগ দিবহি। হয়তো তেওঁ বিছনাত পৰি থকা সময়খিনিত পলাই গৈ বহুতেই ইতিমধ্যে সিহঁতৰ লগত যোগ দিছেহি। বাবৰৰ অন্তৰাত্মা ভয়ত কঁপি উঠিল। দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি তেওঁ উত্তেজিতভাবে বিছনাত উঠি বহিল

    হেকিম, পত্রবাহক আৰু দুৱাৰৰখীয়াজনে ক্লান্ত, নির্বোধ দৃষ্টিত অসহায়ভাবে বাবৰলৈ চাই আছিল। ঘটনাৰ আকস্মিকতাত সিহঁত শংকিত ও উৎকণ্ঠিত হৈ কিংকর্তব্যবিমূঢ় হৈ পৰিছিল। বাবৰ বিছনাত উঠি বহাত সিহঁত অলপ প্রকৃতিস্থ হ'পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ দুৱাৰৰখীয়াজন কাশিম বেগক মাতি অনাৰ কাৰণে দৌৰি গ'

    হেকিমে দ্রুত বাবৰৰ ওচৰলৈ আহি তেওঁৰ গাত ধৰি শুৱাই দিবলৈ চেষ্টা কৰি ক'লেজাহাঁপনা, উত্তেজিত নহ'ব। আপুনি শুই পৰক

    বাবৰে যন্ত্ৰণাকাতৰ কণ্ঠত আৰ্তনাদ কৰি উঠিলকাশিম বেগ ক'?

    এতিয়াই আহি পাবহি। হেকিমে বাবৰক উৎসাহিত কৰাৰ কাৰণে কোমল কণ্ঠত অনুৰোধৰ সুৰত ক'লেদুৱাৰ ৰখীয়াজনে তেওঁক মাতিবলৈ গৈছে। এতিয়াই আহি পাবহি। আপুনি শুই পৰক।বৰ্তমান আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন

    বাবৰে হেকিমৰ অনুৰোধ অনুসৰি অলসভাবে বিছনাত গা এৰি দিলেতেওঁ অলসভাবে চকু মুদি আন্দিজানৰ এটি সাম্ভাৱ্য চিত্র কল্পনা কৰাৰ লগে লগে তেওঁৰ মানস চকুত ভাহি উঠিল আহম্মদ তনৱালৰ হিংস্ৰ, বীভৎস্য মূৰ্তিতনৱাল যেন কোষমুক্ত তৰোৱাল দাঙি তেওঁৰ ফালে ক্ষিপ্ৰগতিত আগুৱাই আহি আছে। তাৰ চকু মুখত পৈশাচিক উল্লাস। হিংস্রক্রুদ্ধ চকুত ৰক্তবর্ণ লোলুপ দৃষ্টি। সি হাতত লৈ থকা তৰোৱালখনো বাবৰে চিনিব পাৰিলে। বাবৰে নিজেই সেই তৰোৱালখন তনৱালক উপহাৰ দিছিলতনৱালে সেই তৰোৱালখনতে চুমা খাই চিৰদিন বাবৰৰ অনুগত হৈ থকাৰ বাবে শপতো খাইছিল।

    তনৱালে পৈশাচিক উল্লাসত তৰোৱালখন বাবৰৰ মূৰৰ ওপৰত ঘূৰাবলৈ ধৰিলে। তনৱালৰ ভৰিৰ তলত অলেখ তেজেৰে ৰঞ্জিত ছিন্ন শিৰ ভূ-লুণ্ঠিত হৈ পৰি থকা বাবৰৰ চকুত পৰিল। সেই ছিন্ন শিৰবোৰৰে এটা ............. হে আল্লাহ, এয়া দেখোন তেওঁৰ মাকৰ ছিন্ন শিৰ....।

    সেই ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি বাবৰৰ সৰ্বশৰীৰত হিম প্ৰবাহৰ দৰে তীক্ষ্ণ বতাহৰ সোঁত বৈ গ'ল। তেওঁ উদ্ভান্তৰ দৰে হৈ উঠিল ৷ সৰ্পদৃষ্ট মানুহৰ দৰে তেওঁ চক্ খাই জাঁপ মাৰি বিছনাৰ পৰা নামিল। ভৰিৰ তলত তেওঁ নৰম কোমল দলিচাৰ স্পর্শ অনুভৱ কৰিলে। দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি থিয় হৈ তেওঁ আক্রোশ ভৰা কণ্ঠত চিঞৰি উঠিলমোৰ তৰোৱাল ক'? সোনকালে মোৰ তৰোৱাল দিয়ক।

    হেকিমে বাবৰক গবামাৰি ধৰি ক'লেজাহাঁপনা, আপুনি অসুস্থ। আপুনি শুই থকা উচিত। আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন ।

    বাবৰৰ অনুমান হ'ল যেন হেকিমে বলপূর্বক তেওঁক তনৱালৰ তৰোৱালৰ তললৈকে ঠেলি দিছে। তেওঁ বলপূর্বক হেকিমৰ হাতৰ পৰা মুকলি হৈ ঢলংঢপংকৈ দুৱাৰমুখৰ ফালে আগুৱাই আহিল।

    দুৱাৰ মুখলৈ আহিয়ে বাবৰে বলিয়াৰ দৰে চিঞৰি চিঞৰি মাতি ক'বলৈ ধৰিলেমোৰ ঘোঁৰা ক'? মোৰ ঘোঁৰা আনক । মই আন্দিজানলৈ যাম । মোৰ তৰোৱাল ক? বেগসকলক সোনকালে সাজু হ'বলৈ কওঁক

    হেকিমে বাবৰৰ চোলা আৰু জোতালৈ তেওঁৰ ওচৰলৈ লৰি আহিল

    হেকিমে বাবৰৰ কান্ধত চোলা আৰু ভৰিৰ ওচৰত জোতা থলে। বাবৰে এটা ভৰিত জোতা পিন্ধিলে যদিও আনটো ভৰিত জোতা পিন্ধিব নোৱাৰিলে। তেওঁৰ মূৰ আচন্দ্ৰাই কৰি উঠিল তেওঁ কোনোমতে উচ্চাৰণ কৰিলেবিদ্রোহী, খুনী...........

    এইদৰে কৈ আগবাঢ়িবলৈ গৈ বাবৰ উজুটি খাই পৰি গ'ল আৰু লগে লগে তেওঁ অচেতন হৈ পৰিল ।

    মাজ নিশা বাবৰৰ চেতনা ঘূৰি আহিল। চকু মেলি চাই তেওঁ দেখিলে, হেকিমে মূৰৰ ফালে থিয় হৈ তেওঁৰ মুখত টোপাল টোপালকৈ পানী দি আছে আৰু হেকিমৰ দীৰ্ঘ বিশ্ৰী ছাঁ দেৱালৰ ওপৰত পৰি কঁপি আছে।

    বাবৰৰ অনুমান হ'ল যেন তেওঁৰ জিভা ফুলি উঠিছে। জিভাটো ইমান গধুৰ অনুমান হৈছে যেন তাৰ ওজন সহ্য কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছেশৰীৰটোত যেন কিবা গধুৰ বস্তুৰে হেঁচি ধৰি ৰখা হৈছে। হাত ভৰিবোৰো যেন জঠৰ হৈ পৰিছে। তেওঁ ভৰিৰ ফালে থিয় দি থকা কাশিম বেগলৈ অসহায়ৰ দৰে চাই চকু মুদিলে ৷

    দ্রুত বাবৰৰ মূৰ শিতানলৈ আহি কাশিম বেগে ক'লে আল্লাহ মেহেৰবান জাহাঁপনা! আপুনিতো আমাক ভয়ে খুৱাইছিল।

    উত্তৰত বাবৰে কিবা ক'ব খুজিলে যদিও জিভা লৰাব নোৱাৰিলে। তেওঁ চকু মেলি মাথোন অসহায়ভাবে স্থিৰ অপলক দৃষ্টিত কাশিম বেগৰ ফালে চাই ৰ'ল। চকুপানীৰে বাবৰৰ চকুযোৰ চলচলীয়া হৈ উঠিল। ব্যথা ও উত্তেজনাৰ অভিব্যক্তি ফুটি উঠিল তেওঁৰ মুখমণ্ডলত।

    কাশিম বেগে আত্মীয়তাৰ সুৰত সুধিলেএতিয়া আপোনাৰ অৱস্থা কেনে জাহাঁপনা?

    বাবৰ আগৰ দৰে নিশ্চুপ হৈয়ে পৰি থাকিল । তেওঁ সকলো দেখি ও বুজি আছিল; কিন্তু মুখেৰে কোনো কথা প্ৰকাশ কৰাৰ শক্তি নাছিল। তেওঁ নিঃসহায়ভাবে কাশিম বেগৰ ফালে চাই হুমুনিয়াহ কাঢ়িলে মাথোন।

    বাবৰৰ অৱস্থা দেখি কাশিম বেগৰ অন্তৰখন বেদনাৰে ভৰি পৰিল আৰু তেওঁৰ দুচকুৰে লোতকৰ সোঁত বৈ আহিলষোলবছৰীয়া অসুস্থ কিশোৰ এজনে যাতে এজন সুস্থ-সবল বয়স্ক উজীৰ-এ-আজমৰ চকুত চকুপানী দেখি বিচলিত হৈ নুঠে তাৰ বাবে তেওঁ মুখ ঘুৰাই চকুপানী মচিবলৈ ধৰিলে

    খন্তেক পাছত কাশিম বেগ বাবৰৰ কক্ষৰ পৰা ওলাই আহি আন্দিজানৰ অধিক তথ্য জানিবৰ বাবে তাহিৰজানক আন্দিজানলৈ পঠিয়াই দিলে।

 

    বাবৰ ৰোগশয্যাত পৰি থাকোঁতে তনৱালে আন্দিজান দখল কৰি জাহাংগীৰক সিংহাসনত অধিষ্ঠিত কৰিলে

    সিদিনা আছিল ঘোপমৰা অন্ধকাৰ ৰাতি। ক'লা ডাৱৰে সমগ্র আকাশ ছানি ধৰিছিল৷ আন্দিজানৰ দুৰ্গটো সেই অন্ধকাৰৰ মাজত ডুবগৈ আছিল। আসন্ন বিপদৰ আশংকাত আন্দিজানৰ প্ৰতিটো অলি-গলিতে বিৰাজ কৰি আছিল থমথমীয়া নিস্তব্ধতা

    তদুপৰি চমৰকন্দৰ পৰা অহা সংবাদবাহকৰ মুখত মির্জা বাবৰৰ ভয়ংকৰ অসুখৰ বাতৰি পাই দুৰ্গ পহৰাৰ দায়িত্বত থকা একাংশ সেনা আহম্মদ তনৱালৰ পক্ষত যোগদান কৰাত দুৰ্গ পহৰা দিয়াৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সেনাৰো অভাৱ হৈ আছিল। গতিকে অৰক্ষিত অৱস্থাতে পৰি আছিল আন্দিজানৰ কোনো কোনো দুৰ্গ দুৱাৰ

    ঠিক তেনেকুৱা এটি ৰাতিৰ বাবেই আহম্মদ তনৱাল অপেক্ষা কৰি আছিল । প্ৰত্যাশিত ৰাতিটো অহাৰ লগে লগে আহম্মদ তনৱালে আন্দিজান দুর্গ আক্রমণ কৰিলে আৰু প্ৰত্যাশিতভাবেই সি আন্দিজান দুর্গ দখল কৰিবলৈয়ো সক্ষম হ'ল ।

    দুৰ্গ পহৰাৰ দায়িত্বত থকা বাবৰৰ সেনাবোৰ সেই অপ্রত্যাশিত আক্ৰমণৰ বাবে মুঠেই সাজু নাছিলগতিকে সিহঁতে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ আগতেই তনৱালৰ সেনাবোৰ সিহঁতৰ ওপৰত জঁপিয়াই পৰিল। ফলত বাবৰৰ বিশ্বস্ত বেগসকলৰ কিছুসংখ্যক খণ্ডযুদ্ধত নিহত হ'ল আৰু অধিক সংখ্যকে প্ৰাণৰ ভয়ত তনৱালৰ বশ্যতা স্বীকাৰ কৰি তাৰ ফলীয়া হ'ল৷ গতিকে অতি কম সময়ৰ ভিতৰতে আন্দিজান দুৰ্গ তনৱালৰ হস্তগত হৈ পৰিল

    দুৰ্গ দখলৰ পাছত নিষ্ঠুৰ তনৱালে বাবৰৰ ফলীয়া সেনাবোৰক নিৰ্বিচাৰে হত্যা কৰিলে। তাৰ পাছত মির্জা জাহাংগীৰক সিংহাসনত অধিষ্ঠিত কৰি নিজে উজীৰ-এ-আজম হৈ বহিল। উজীৰ-এ-আজম হৈ সি পুৰণি আক্রোশ চৰিতাৰ্থ কৰাৰ কাৰণে উঠি পৰি লাগিল । আক্রোশবশতঃ সি কুতলুগ নিগাৰ বেগম আৰু খানজাদা বেগমকো বন্দী কৰিলে। কিন্তু মির্জা জাহাংগীৰে তেওঁৰ সতীয়া মাক আৰু বায়েকক বন্দী কৰি ৰখাৰ পৰিবৰ্তে নজৰবন্দী কৰি ৰখাৰ বাবে পৰামৰ্শ দিলে।

    খানজাদা বেগম যে ফজিলুদ্দিনৰ প্ৰতি দুৰ্বল এই কথা তনৱালৰো অবিদিত নাছিল। গতিকে তনৱালে আক্রোশমূলকভাবে ফজিলুদ্দিনক বন্দী কৰি 'কাল কুঠুৰী'ত আটক কৰি ৰাখিলে

    কিন্তু খাজা আবদুল্ল্যাৰ সহযোগত ফজিলুদ্দিনৰ ভাগিনেক তাহিৰ জানে ফজিলুদ্দিনক কাল কুঠুৰীৰ পৰা মুক্ত কৰি হিৰাতলৈ পঠিয়াই দিলে।

    ফজিলুদ্দিনক বন্দীগৃহৰ পৰা পলাবলৈ সুযোগ কৰি দিয়াৰ কাৰণে তনৱালে খাজা আবদুল্লাক ফাঁচিকাঠত ওলোমাই হত্যা কৰিলে৷

    চমৰকন্দলৈ এইবোৰ ডাঁৰৰ বাতৰি ডাঁৰতে আহি আছিল যদিও বাবৰৰ অসুস্থতাৰ কাৰণে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গঢ়ি তোলাটো সম্ভৱ হৈ উঠা নাছিল। বাবৰৰ অসুস্থতাৰ সুযোগ লৈয়ে তনৱালে অপ্রত্যাশিত ফল লাভ কৰি সমগ্ৰ আন্দিজান সাম্রাজ্য অনায়াসে নিজৰ হাতৰ মুঠিলৈ নিবলৈ সক্ষম হ'ল ৷

    দীৰ্ঘদিন ৰোগ ভোগৰ পাছত ৰোগৰ পৰা অলপ সকাহ পোৱাত বাবৰে মাক আৰু বায়েকক শত্ৰুৰ কবলৰ পৰা মুক্ত কৰাৰ কাৰণে আন্দিজান অভিনুখে ৰাওনা হল৷

    শৰীৰ দুৰ্বল কাৰণে বাবৰে ঘোঁৰাত নুঠি তিনিটা ঘোঁৰাই টনা বাগী এখনত উঠি আহিবলৈ ধৰিলে। বাগীত নৰম গাদী আৰু তোচক পাৰি দিয়া হৈছিলছৈৰ সন্মুখত আঁৰি দিয়া হৈছিল ৰঙীন পর্দা এখন। ৰঙীন পৰ্দাখনত সূৰ্যৰ কিৰণ পৰি বাগীৰ জোঁকাৰণিত পৰ্দাখন জুইৰ শিখাৰ দৰে লক্‌লকাই আছিল

    বাবৰ আৰু তেওঁৰ সোনবোৰৰ পৰা দুই-তিনি মাইল পিছে পিছে আহি আছিল আটকধুনীয়াকৈ সজোৱা আন এখন বাগী। সেইখন বাগীৰ আৰোহী আছিল বাবৰৰ মাহীয়েক মেহেৰ নিগাৰ খানম আৰু তেওঁৰ বাগদত্তা আয়চা বেগম।

    বাবৰৰ চমৰকন্দ এৰি অহাৰ প্ৰস্তুতি বহুদিন আগৰে পৰা চলি আছিল যদিও তেওঁৰ অসুখৰ ফলত অহাত পলম হৈ আছিল। গতিকে বাবৰ চমৰকন্দ এৰি অহাৰ আগতেই তেওঁ চমৰকন্দ এৰি অহাৰ কাৰণে চলোৱা প্ৰস্তুতিৰ কথা সিকাণ-সিকাণ কৰি সকলোতে ৰাষ্ট্ৰ হৈ পৰিছিলএনেকি চমৰকন্দৰ বাহিৰেও বেলেগ বেলেগ শাসকৰ কাণতো পৰিছিল কথাটো ।

    বুখাৰাৰ চুলতান চুলতান আলীৰ কাণতো পৰিছিল কথাটোচমৰকন্দ দখলৰ কাৰণে চুলতান আলীয়ে বহুদিন আগৰে পৰা ওত্‌ পাতি ৰৈ আছিল। গতিকে বাবৰে চমৰকন্দ এৰি অহাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা শুনি তেওঁ উৎসাহিত হৈ সীমান্তত সৈন্য সমাৱেশ কৰি আছিলবাবৰে চমৰকন্দ এৰি অহাৰ লগে লগেই যাতে তেওঁ চমৰকন্দ আক্ৰমণ কৰি নিজৰ দখললৈ আনিব পাৰে এয়াই আছিল তেওঁৰ সৈন্য সমাবেশৰ উদ্দেশ্য।

    বাবৰে চুলতান আলীৰ এই মনোভাবৰ কথা আগতীয়াকৈ গম পাইছিল যদিও তেওঁৰ কাৰণে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ হৈ উঠা নাছিলকাৰণ তেওঁৰ অসুখৰ সময়ত বহু সৈন্য পলাই গৈ ইতিমধ্যে বিদ্ৰোহী তনৱালৰ লগত যোগ দিছিল। ফলত তেওঁৰ সৈন্য সংখ্যা তেনেই তাকৰ হৈ পৰিছিলগতিকে তেওঁৰ বাবে চমকন্দ ৰক্ষাৰ কাৰণে সৈন্য এৰি অহাটো সম্ভৱ নাছিল। ফলত চমকন্দ এৰি অহাৰ লগে লগে চমকন্দৰ পৰিণামৰ বিষয়ে তেওঁ আগতীয়া পূর্বাভাস পাই গৈছিল ।

    চুলতান আলী আছিল এজন নিষ্ঠুৰ প্ৰকৃতিৰ শাসক। তেওঁৰ পৰা ভাল কিবা আশা কৰা আৰু পৰ্বতত হাঁহকণী বিচৰা একেই কথা আছিল ৷ মেহেৰ নিগাৰ খানমেও চুলতান আলীৰ এই নিষ্ঠুৰ প্ৰকৃতিৰ কথা ভালদৰেই অৱগত আছিল। গতিকে চুলতান আলীয়ে সীমান্তত সৈন্য সমাৱেশৰ কথা শুনি তাই বাবৰৰ লগত চমৰকন্দ এৰি অহাৰ কাৰণে উত্ৰাৱল হৈ উঠিছিল। বাবৰেও আয়চা বেগমক চমৰকন্দত এৰি অহাৰ কাৰণে ভৰসা কৰিব পৰা নাছিল৷ গতিকেই বাবৰে মেহেৰ নিগাৰ খানম আৰু আয়চা বেগমক চমৰকন্দ এৰি অহাৰ সময়ত লগত লৈ আহিবলৈ বাধ্য হৈছে।

    এই দুর্দিনৰ সময়ত মেহেৰ নিগাৰ খানম আৰু আয়চা বেগমৰ কাৰণে একমাত্ৰ নিৰাপদ স্থান হ'ল তাচকন্দ। তাচকন্দত বৰ্তমান চুলতান আহম্মদ খাই ৰাজত্ব কৰি আছে। তেওঁ মেহেৰ নিগাৰ খানমৰ ভায়েক আৰু আয়চা বেগমৰ বায়েক ৰেজিয়া চুলতানাৰ গিৰিয়েক। ৰেজিয়া চুলতানাও বর্তমান তাচকন্দত গিৰিয়েক চুলতান আহম্মদ খাঁৰ লগতে আছে। সেই হিচাপে আত্মীয়তাৰ ফালৰ পৰাও মেহেৰ নিগাৰ খানম আৰু আয়চা বেগমৰ কাৰণে তাচকন্দেই আছিল সবাতোকৈ নিৰাপদ স্থান। গতিকে বাবৰে দুয়োকে তাচকন্দলৈকে আগবঢ়াই থৈ আন্দিজান আক্রমণ কৰাৰ কথা ভাবি দুয়োকে লগত লৈ ওলাই আহিছে

    তাচকন্দ আৰু আন্দিজানলৈ যোৱা ৰাস্তা জিজ্জখলৈকে একেটাইজিজ্জখ পোৱাৰ পাছত আয়চা বেগম আৰু মেহেৰ নিগাৰ খানমক তাচকন্দলৈ পঠিয়াই বাবৰ সৈন্যসহ আন্দিজানৰ ফালে ৰাওনা হৈ যোৱাৰ উদ্দেশ্যেই দুয়ো দল একেলগে আহি আছে।

    ধৰ্মীয় বিধান অনুসৰি বিয়াৰ আগতে দৰা-কইনাই ইজনে সিজনৰ মুখ দৰ্শন কৰাটো নিষিদ্ধ। সেই বিধান অনুসৰি যাত্ৰা পথ একেটা হ'লেও উভয় দল দুটা ভাগত বিভক্ত হৈ দৰা-কইনাৰ মাজত দুই-তিনি মাইলৰ ব্যৱধান ৰক্ষা কৰি আগবাঢ়ি আছে।

    উভয় দল বুলুগুৰ গাঁও আৰু খালেচীয়া দুৰ্গৰ কাষেৰে আহি সংগঝাৰ নৈৰ পাৰত উপস্থিত হ'ল। সন্ধিয়া হোৱাৰ ফলত ৰাতিটোৰ বিশ্ৰামৰ বাবে নৈৰ পাৰত তম্বু তৰা হ'ল। তম্বু তৰাৰ সময়তো উভয় দলৰ মাজত দুই তিনি মাইলৰ ব্যৱধান ৰখা হ'ল।

    তম্বু তৰাৰ পাছত বাবৰে ঠাইখণ্ড ঘূৰি-পকি চোৱাৰ বাবে ওলাই আহিল

    নির্মল নীলা আকাশ। ফৰকাল বতৰ। দেহ-মন পুলকিত কৰা মিঠা আৱহাওয়া। ৰিবৰিবকৈ মলয়া সমীৰ বলি আছিল । নীলাকাশৰ তলত অ'ত ত'ত সিঁচৰিত হৈ আছিল সেউজ শ্যামল সৰু সৰু টিলাবোৰটিলাবোৰৰ পাদদেশত ফুলি আছিল বতৰৰ বাৰেবৰণীয়া ফুল ।

    ঠাইখণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্যত বাবৰ অভিভূত হৈ পৰিল । তেওঁ নৰম কোমল ঘাঁহনিৰ ওপৰেদি গভীৰ প্রশান্তিত খোজকাঢ়ি ফুৰিবলৈ ধৰিলে। ভৰিৰ তলত কোমল ঘাঁহনিৰ আলফুল স্পৰ্শ আৰু গাত আবেলিৰ সোণোৱালী মিঠা ৰ'দৰ আমেজ লগাত বাবৰ পুলকিত হৈ উঠিল। তেওঁ নিজকে স্বাচ্ছন্দ্য আৰু মুক্ত অনুভৱ কৰিবলৈ ধৰিলে। ফলত চমৰকন্দত থকা সময়ছোৱাত মনৰ মাজত থিতাপি লোৱা দুঃশ্চিন্তাৰ কলা ডাৱৰো তেওঁৰ মনৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিলে৷

    কিন্তু এনেকুৱা কিছুমান কথা আছে যাক মনৰ পৰা আঁতৰাই পঠোৱা কঠিন; পাহৰা সম্ভৱ নহয়। ঠিক তেনেকুৱা কিছুমান স্মৃতিয়ে বাবৰৰ মানসপটত লুকা-ভাকু খেলিবলৈ ধৰিলে।

    কিমান কষ্ট আৰু ত্যাগৰ বিনিময়ত তেওঁ চমৰকন্দ দখল কৰিছিল। নানা আলৈ-আহুকাল, ভয়-শংকা আৰু প্ৰতিকূল আৱহাওয়া নেওচি তেওঁ পূৰা সাত মাহ চমৰকন্দ অৱৰোধ কৰি থাকিবলগীয়া হৈছিল। একমাত্র দৃঢ় মনোবলৰ কাৰণেই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছিল তেওঁ। কিন্তু দৈৱ-দুর্বিপাকত পৰি তেওঁ তেওঁৰ সপোনৰ চহৰ চমৰকন্দ নিজৰ ইচ্ছাতে শত্ৰুৰ হাতত এৰি দি আহিবলগীয়া হ'ল। চমৰকন্দ এৰি অহাৰ সময়ত গভীৰ বেদনাৰে তেওঁৰ দেহ-মন ভৰি পৰিছিলদুঃসহ বেদনাত মোচৰ দি উঠিছিল হৃদপিণ্ড। তেওঁৰ ভাব হৈছিল, সকলো প্রচেষ্টা, সকলো শ্রম যেন অথলে গ'ল। অদৃষ্টৰ দুর্বিপাকত পৰি হাহাকাৰ কৰি উঠিছিল তেওঁৰ হৃদয়। ইয়ালৈ ফুৰিবলৈ অহাৰ আগমুহূৰ্তলৈকে বিষাদৰ অনুভূতিয়ে তেওঁৰ দেহ-মন আচ্ছন্ন কৰি ৰাখিছিল

    সেউজীয়া প্ৰান্তৰৰ মুকলি ঘাঁহনিত খোজকাঢ়ি, মুকলি বতাহত উশাহ লৈ বাবৰৰ মনটো ফৰকাল হৈ উঠিল। তেওঁ নিজৰ দুঃখ-বেদনাৰ কথা পাহৰি মাক-বায়েক আৰু খাজা আবদুল্লাৰ কথাহে বেছিকৈ ভাবিবলৈ ধৰিলেতেওঁৰ চকুৰ আগত ভাহি উঠিল তেওঁলোকৰ বেদনাচ্ছন্ন উৎকণ্ঠিত মুখৰ প্ৰতিচ্ছবি। লগে লগে তেওঁৰ সমগ্ৰ চিন্তা, সমগ্ৰ ভাৱনা মাক-বায়েক আৰু খাজা আবদুল্লাকে কেন্দ্ৰ কৰি আৱৰ্তিত হ'বলৈ ধৰিলেযিকোনো মূল্যৰ বিনিময়ত তেওঁ তেওঁলোকক নিষ্ঠুৰ তনৱালৰ হাতৰ মুঠিৰ পৰা উদ্ধাৰ কৰিব লাগিব, নহ'লে তেওঁৰ মনত শান্তি নাই- স্বস্তি নাই। এনেকুৱা এটি ভাবনাই তেওঁৰ সমগ্ৰ সত্ত্বাক আলোড়িত কৰি তুলিলে ।

    বাবৰৰ হঠাৎ চকু গ'ল দূৰৈত শাৰী শাৰীকৈ তৰা তম্বুবোৰলৈতম্বুবোৰৰ ওপৰত দৃষ্টি পৰাৰ লগে লগে হঠাৎ তেওঁৰ আয়চা বেগমলৈ মনত পৰি গ'ল ৷

    সৌ তম্বুবোৰৰ কোনটোত বাৰু আয়চা বেগম থাকিব পাৰে! সেই যে আছুতীয়াকৈ দুটা তম্বু তৰা হৈছে তাৰেই কোনোবা এটাত তাই মাহীয়েকৰ লগত আছে নিশ্চয়। আয়চা বেগম এতিয়া দেখিবলৈ কেনেকুৱা হৈছে বাৰু? মানুহে কোৱা মতে গোলাপৰ পাপৰিৰ দৰে হেনো তাইৰ ৰূপৰ জ্যোতি প্রস্ফুটিত হৈ উঠিছে। আয়চা বেগম তেওঁৰ ইমান ওচৰত অথচ কিমান দূৰত তাইৰ অৱস্থান! ইমান আপোন অথচ কিমান পৰ হৈ আছে তাই! তেওঁ ভাবিছিল, এই বছৰতে তেওঁ মাকৰ অনুমতিলৈ মৌলবী মাতি আয়চাক তেওঁৰ লগত ৰখাৰ ব্যৱস্থা কৰিবকিন্তু মানুহে পাঙে, বিধাতাই ভাঙে। তেওঁৰ আশা পূৰণ নহ'ল। ক'ৰবাৰ পৰা যেন হঠাৎ এজাক বা-মাৰলি আহি তেওঁৰ সেই সপোন থান-বান কৰি দিলে। বা- মাৰলিৰ ঘূৰ্ণি আবৰ্তত পৰি তেওঁ সৰাপাতৰ দৰে যেন উৰি ফুৰিব ধৰিছে দিহিঙে দিপাঙে। বাবৰ সজাগ হৈ উঠিল। উত্তেজিত হৈ উঠিল তেওঁৰ শিৰা-উপশিৰাবোৰনাই নাই, যিকোনো উপায়ে তেওঁ এই বা-মাৰলিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিব লাগিব। নিজৰ হৃত গৌৰৱ তেওঁ পুনৰ উদ্ধাৰ কৰিব লাগিব। কথাবোৰ ভবাৰ লগে লগে তেওঁৰ হনু দুটা কঠিন হৈ উঠিল

    এইদৰে নানা বিচ্ছিন্ন চিন্তা-ভাবনাৰ মাজতে তেওঁ মুকলি প্ৰান্তৰত ফুৰি বেলি লহিওৱাৰ আগে আগে ছাউনীলৈ উভতি আহিল

    পাচদিনা ৰাতিপুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিলেআগদিনাৰ দৰেই বাবৰে বাগীত উঠি আহিবলৈ ধৰিলে। কিন্তু বাগীত বহি বহি তেওঁ বিৰক্তি অনুভৱ কৰিবলৈ ধৰিলে। বাগীৰ ভিতৰত বহি থাকি যেন এটা সময়ত তেওঁৰ দম বন্ধ হৈ অহাৰ উপক্ৰম হ'ল। এক বুজাব নোৱাৰা অস্বস্তিৰ তীব্ৰ সংঘাতত তেওঁৰ দেহ-মন আলোড়িত হৈ উঠিল।

    তেওঁলোকে এটি পাহাৰীয়া নিৰ্জন ৰাস্তাৰে আহি আছিল। তৈমূৰী দৰজা পাৰ হৈ বাবৰে বাগীৰ দুৱাৰ খুলি তেওঁ উঠি অহা বাগীৰ চহিচক খোনা কণ্ঠত মাতি ক'লেমোৰ মুগা ঘোঁৰাটো আনা

    দীৰ্ঘদিন ৰোগ ভোগৰ পাছত বাবৰৰ মাত খোনা হৈ গৈছিল আৰু তেতিয়ালৈকে তেওঁ খোনাই খোনাই কথা কৈ আছিল ।

    কাশিম বেগ ঘোঁৰাত উঠি আহি আছিল। বাবৰৰ কণ্ঠস্বৰ শুনি তেওঁ তৎক্ষণাৎ ঘোঁৰা চেঁকুৰাই বাবৰৰ ওচৰলৈ আহি উৎকণ্ঠিতভাবে সুধিলেজাহাঁপনা, আপুনি এতিয়া ঘোঁৰাৰে কি কৰিব?

    পুনৰ খোনাই খোনাই কথা কোৱাৰ ভয়ত বাবৰে মুখেৰে একো নামাতি মূৰ জোঁকাৰি কাশিম বেগক নিজৰ অভিপ্ৰায়ৰ কথা জনাই চহিচৰ ফালে চকু পকাই চালে। তেওঁৰ চকুৰ ভাষাত স্পষ্ট হৈ আছিলমই যি কৰিবলৈ কৈছোঁ তাকে কৰাহি

    বাবৰে যাতে অন্ততঃ আৰু দুই-তিনি দিন ঘোঁৰাত নুঠে তাৰ বাবে কাশিম বেগ আৰু হেকিমে বাবৰক মিনতি কৰিবলৈ ধৰিলে। কিন্তু বাবৰে তেওঁলোকৰ কাকুতি-মিনতিলৈ ভ্ৰূক্ষেপ নকৰি বিৰক্তি ভৰা কণ্ঠত খোনাই খোনাই ক'লে- ম-ই অ-ল-প অ-শ্বা-ৰো-হ-ণ ক-ৰি-ব খু-জি-ছোঁ।

    বাবৰৰ দৃঢ় প্রত্যয় নিষ্ঠ কণ্ঠস্বৰত কাশিম বেগ আৰু হেকিমে অৱশেষত তেওঁলোকৰ মত পৰিবৰ্তন কৰিবলৈ বাধ্য হ'ল। তেওঁলোকে অনিচ্ছা সত্বেও চহিচক ঘোঁৰা আনিবলৈ নিৰ্দেশ দিলে

    আদেশ পাই চহিচে 'ঘোঁৰালৈ আহিলঘোঁৰা দেখি বাবৰ পুলকিত হৈ উঠিল। বাগীৰ পৰা নামি তেওঁ ঘোঁৰাৰ ওচৰলৈ আহিল। ঘোঁৰাৰ ওচৰলৈ আহি তেওঁ কেইটামান মুহূর্ত নির্লিপ্তভাবে থিয় দি থাকি কোনেও তৰ্কিব নোৱাৰাকৈ হঠাৎ জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি বহিল

    ৰোগ-ভোগৰ পাছত সেয়াই আছিল বাবৰৰ প্ৰথম অশ্বাৰোহণ৷ গতিকে তেওঁ কোনো সহায় ব্যতিৰেকে ঘোঁৰাত উঠা দেখি চহিচে প্ৰশংসাসূচক হাঁহি মাৰিলে। কাশিম বেগ আৰু হেকিমেও স্বস্তিৰ নিঃশ্বাস পেলালে।

    বাবৰ নিজেও ঘোঁৰাত উঠি উল্লাসিত হৈ উঠিল। তেওঁ স্বাচ্ছন্দে ঘোঁৰা ঢেঁকুৰাই যাবলৈ ধৰিলেকিবা অসুবিধা হ'লে সহায় কৰাৰ বাবে কাশিম বেগেও বাবৰৰ পিছে পিছে ঘোঁৰা ঢেঁকুৰাই যাবলৈ ধৰিলে। কিন্তু বাবৰৰ কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন নহ'ল। তেওঁ স্বাচ্ছন্দে ঘোঁৰা চেঁকুৰাই গৈ থাকিল ।

    বাবৰ সৰুৰে পৰা ঘোঁৰাত উঠাত অভ্যস্ত। ল'ৰালিত তেওঁ ঘোঁৰাত উঠি নানা ধৰণৰ খেল খেলি ভাল পাইছিল। কেতিয়াবা তেনেকুৱা খেলা খেলিবলৈ গৈ বিপদতো পৰিছিল তেওঁ

    এদিনৰ কথা সিদিনা বাবৰে আনদিনাৰ দৰে যুদ্ধবিদ্যা অনুশীলনত ব্যস্ত হৈ আছিলসিদিনাৰ অনুশীলনৰ বিষয় আছিল তীৰন্দাজী। অন্যান্য সহযোগী তীৰন্দাজসকল গছৰ ছাঁত থিয় হৈ বাবৰৰ ৰণ কৌশল প্ৰত্যক্ষ কৰি আছিল

    বাবৰে ঘোঁৰা চেঁকুৰাই গৈ থাকোঁতেই হঠাৎ ঘোঁৰাৰ লেকাম এৰি দি অপূর্ব দক্ষতাত শৰ নিক্ষেপ কৰিলে আৰু সেই শৰে লক্ষ্যবস্তু ভেদো কৰিলে

    শৰ নিক্ষেপ কৰিয়ে বাবৰে সাৱলীল ভংগীত পুনৰ ঘোঁৰা চেঁকুৰাই ওস্তাদ মুস্কী বেগৰ ওচৰলৈ আহিল

    বাবৰৰ অপূৰ্ব শৰ নিক্ষেপ কৌশল প্রত্যক্ষ কৰি মুস্কীবেগ অভিভূত হৈ পৰিছিল। বাবৰ তেওঁৰ ওচৰলৈ অহাত তেওঁ বাবৰৰ পিঠিত চপৰিয়াই প্রশংসা কৰি ক'লেবাঃ অপূর্ব! মই তোমাৰ পাৰদৰ্শিতাত অভিভূত। বাৰু, এতিয়া যোৱা বিশ্ৰাম কৰা গৈএইদৰে বিশ্ৰাম কৰিবলৈ উপদেশ দিয়ে মুস্কী বেগ বেলেগ কামলৈ গুচি গ'

    বাবৰ মুস্কী বেগৰ প্ৰশংসাত অধিক উজ্জীৱিত হৈ উঠিল আৰু বিশ্ৰাম লোৱাৰ কথা পাহৰি গ'ল । দুষ্টালি বুদ্ধি জাগি উঠিল তেওঁৰ মনত । ঘোঁৰা চেঁকুৰাই দুষ্টালি কৰাৰ কথা ভাবিলে তেওঁ। মুস্কী বেগ দৃষ্টি পথৰ পৰা অদৃশ্য হোৱাৰ লগে লগে তেওঁৰ চকুমুখত খেলি গ'ল দুষ্টালি ভৰা দৃষ্টিৰ চমক

    বাবৰে কপালত তৰা চিহ্নযুক্ত ঘোঁৰাৰ পিঠিত উঠি থকা দেহৰক্ষী অশ্বাৰোহীজনক ইংগিতত তেওঁৰ ওচৰলৈ আহিবলৈ নিৰ্দেশ দিলে।

    দেহৰক্ষীজনে ঘোঁৰালৈ বাবৰৰ ওচৰলৈ অহাত বাবৰে দেহৰক্ষীজন উঠি থকা ঘোঁৰাৰ কাঠি ঠিকমতে বন্ধা আছে নে নাই টানি চাই ল'লে৷কাঠি ঠিকেই বন্ধা আছিল। তেওঁ খন্তেক ভাবি দেহৰক্ষীজনক ঘোঁৰাটোলৈ পঞ্চাছ গজ আঁতৰলৈ গৈ পুনৰ ঘোঁৰাৰ লেকাম ধৰি তেওঁৰ ফালে লাহে লাহে আগুৱাই আহিবলৈ নিৰ্দেশ দিলে।

    দেহৰক্ষীজনে বাবৰৰ নিৰ্দেশ অনুসৰি পঞ্চাছ গজ আঁতৰলৈ গৈ ঘোঁৰাৰ পৰা নামি বাবৰে কোৱামতে ঘোঁৰাৰ লেকাম ধৰি মন্থৰ গতিত বাবৰৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে।

    বাবৰৰ লগৰীয়াসকলৰ ভিতৰত নুয়ান কুশল দাস আছিল অন্যতম। নুয়ান বাবৰতকৈ বয়সত কিছু ডাঙৰ আছিলসি খানজাদা বেগমৰ সমবয়সী। খানজাদা বেগম আৰু সি একেলগে তাৰ মাকৰ পিয়াহ খাইছিল। গতিকে তাৰ বাবৰৰ প্ৰতি বিশেষ আকৰ্ষণ এটা আছিল

    দেহৰক্ষীক তেনেকৈ ঘোঁৰা লৈ অহা দেখি নুয়ান উৎকণ্ঠিত হৈ উঠিল। বাবৰে যে পাকচক্ৰ' (পাক চক্র অনুশীলনত সন্মুখৰ ফালৰ পৰা নিজৰ ফালে আহি থকা ঘোঁৰাৰ ফালে দ্ৰুত ঘোঁৰা চেঁকুৰাই গৈ নিজৰ ঘোঁৰাটোক দ্ৰুত ঘুৰাই পিঠিৰ পৰা জাঁপ মাৰি গৈ সন্মুখৰ ফালৰপৰা আহি থকা ঘোঁৰাৰ পিঠিত উঠিব লাগেএই অনুশীলনত উঠিব খোজা ঘোঁৰাৰ পিঠিত উঠিব নোৱাৰিলে দুখ পোৱাটো প্রায় নিশ্চিত)অনুশীলনৰ বাবে সাজু হৈছে সেই কথা উপলব্ধি কৰিবলৈ নুয়ানৰ অসুবিধা নহ'ল। গতিকে বাবৰৰ মনোভাব উপলব্ধি কৰিব পাৰি সি তৎক্ষণাৎ বাবৰৰ ওচৰলৈ আহি উৎকণ্ঠিতভাবে অনুৰোধ কৰিলেচাহজাদা, এইমাত্র আপুনি এটা অনুশীলন কৰিলে। এয়াই যথেষ্ট নহয়নে? পাকচক্র অনুশীলনটো আপুনি অহাকালিৰ কাৰণে এৰি নিদিয়ে কিয় ?

    বাবৰে নুয়ানৰ কথাত বিশেষ গুৰুত্ব নিদি ক'লে- ভাল বাৰু, পাকচক্ৰ অনুশীলনটো বাৰু অহাকালিৰ কাৰণে এৰিলোঁ। আজি মাথোন এটা লঘু অনুশীলনহে কৰিম

    এইদৰে কৈ বাবৰে ৰহস্যপূৰ্ণ হাঁহি মাৰি নিজে উঠি থকা ঘোঁৰাৰ পেটত ভৰিৰে গোতা মাৰি সগৌৰৱে ঘোঁৰা চেঁকুৰাই তেওঁৰ ফালে আহি থকা ঘোঁৰাৰ ফালে দ্রুত গতিত আগবাঢ়িবলৈ ধৰিলে

    চাবকটা খোজত বাবৰৰ ঘোঁৰা দৌৰি আহি দেহৰক্ষীজনৰ ঘোঁৰাৰ কাষ পালেহি। লগে লগে বাবৰে ৰেকাবৰ পৰা ভৰি উলিয়াই চাবুকডাল দাঁতেৰে কামুৰি ধৰি দেহৰক্ষীৰ ঘোঁৰা লক্ষ্য কৰি জাঁপ মাৰি দিলে ।

    বাবৰক জাঁপ মাৰা দেখি দেহৰক্ষীৰ ঘোঁৰাটো ভয় খাই একাষৰীয়া হৈ অলপ আঁতৰি গ'ল ।

    বাবৰ একমুহূর্ত শূন্যত ওলমি ৰ'ল আৰু পিচ মুহূৰ্ততে দেহৰক্ষীৰ ঘোঁৰাৰ জীনৰ কাঠি ধৰিবলৈ সক্ষম হ'ল। কিন্তু তেওঁৰ ভৰি মাটিত ঘঁহনি খাই চুঁচৰি যাবলৈ ধৰিলেতেওঁৰ মূৰৰ ৰেচমী পাগুৰি মূৰৰ পৰা সোলকি ছিটিকি গৈ দূৰৈত পৰিল ।

    দেহৰক্ষীজনে অশেষ কষ্ট কৰিহে ঘোঁৰা ৰখাবলৈ সক্ষম হ'ল। বাবৰ ঘোঁৰাৰ কাঠি এৰি দি থিয় হ'তেতিয়াও তেওঁ চাবুকডাল দাঁতেৰে কামুৰি ধৰিয়ে আছিলবাবৰৰ এই দুৰ্গতিৰ বাবে দেহৰক্ষীজনে নিজকে দায়ী বুলি ভাবি ভয়ত ঠক্‌ঠক্‌কৈ কঁপিবলৈ ধৰিলে। প্ৰকৃতাৰ্থত সেই দুৰ্ঘটনাৰ বাবে দেহৰক্ষীজন দায়ী নাছিল; দায়ী আছিল স্বয়ং বাবৰহে। গতিকে বাবৰে দেহৰক্ষীজনৰ ভয়ৰ কাৰণ উপলব্ধি কৰিব পাৰি তাক অভয় দি ক'লেতুমি কিয় ভয় কৰিছা? ইয়াত তোমাৰ কোনো দোষ নাইগতিকে তোমাৰ ভয় কৰাৰো প্ৰয়োজন নাই। যোৱা, তোমাৰ ঘোঁৰা চম্ভালাগৈ।

    ল'ৰালিৰে পৰা এনেকুৱা আছিল বাবৰৰ মহত্ব আৰু অশ্ব চালনাৰ প্ৰতি আকর্ষণ ও পাৰদৰ্শিতা

    গতিকে ঘোঁৰাৰ পিঠিত উঠি বাবৰে স্বাচ্ছন্দ্য অনুভৱ কৰিবলৈ ধৰিলে। বাগীত ভৰি কোঁচাই বহি থাকি তেওঁ ৰোগ শয্যাত শুই থকাৰ দৰেই অনুভৱ কৰি আছিল। মুগা বৰণীয়া ঘোঁৰাৰ চাবকটা খোজত তেওঁ শৰীৰত নতুন শক্তি আৰু উদ্যম অনুভৱ কৰিবলৈ ধৰিলে । দেহৰ জড়তাৰ লগে লগে মনৰ জড়তাও লাঘৱ হৈ আহিবলৈ ধৰিলে ঘোঁৰাৰ চাবকটা খোজতঘোঁৰাৰ পিঠিত উঠি যেন তেওঁৰ স্বাস্থ্যৰো উন্নতি হ'বলৈ ধৰিলে উত্তোৰত্তৰতেওঁৰ স্বাস্থ্য আৰু মনৰ উন্নতি দেখি আটায়ে উৎফুল্লিত হৈ উঠিল।

    সূৰ্যাস্তৰ লগে লগে তেওঁলোক আহি জিজ্জখ পালেহি। নিশা যাপনৰ বাবে তম্বু তৰা হ'ল। আগৰদৰেই দুই-তিনি মাইলৰ ব্যৱধান ৰাখি দৰা-কইনাৰ তম্বু বেলেগে বেলেগে তৰা হ'ল।

    অশ্বাৰোহণ কৰি বাবৰৰ স্বাস্থ্য আৰু মনৰ উন্নতি হোৱাৰ কথা মেহেৰ নিগাৰ খানম আৰু আয়চা বেগমৰ কাণতো পৰিল৷ মেহেৰ নিগাৰ খানম বাবৰৰ মাহীয়েক আৰু আয়চাৰ মাতৃ তুল্য আছিলগতিকে তাই বাবৰৰ সুস্বাস্থ্যৰ খবৰ পাই স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিল আৰু শুভেচ্ছা ও শুভ কামনা হিচাপে বাবৰক কিছু উপহাৰ দিয়াৰ কথা ভাবিলে। তাই পৰিচাৰক এজনৰ হতুৱাই কাশিম বেগক মাতি পঠিয়ালে ।

    কাশিম বেগ অহাত তাই এটা আচকণ, কটিবন্ধ আৰু ৰূপৰ মুঠিযুক্ত চাবুক এডাল কাশিম বেগৰ হাতত বাবৰলৈ বুলি উপহাৰ হিচাপে দি পঠালে

    তিনিওটা উপহাৰৰে ৰূপক অর্থ আছিল । আচকণ আছিল বাবৰৰ স্বাস্থ্য উন্নত হোৱাৰ কাৰণে আনন্দৰ প্ৰতীক, কটিবন্ধৰ অৰ্থ আছিল দৰা অতি শক্তিশালী ও প্রতাপী হোৱাৰ প্ৰতীক আৰু ৰূপৰ চাবুকৰ অৰ্থ আছিল বাবৰ দ্ৰুত ঘোঁৰা চেঁকুৰাই আন্দিজানলৈ গৈ শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰাৰ প্রতীক।

    মাগৰিবৰ নামাজৰ পাছত কাশিম বেগে উপহাৰ কেইপদ আনি বাবৰৰ হাতত দিলে। উপহাৰ দেখি বাবৰ হর্ষোৎফুল্লিত হৈ উঠিল আৰু তেওঁ প্ৰতি উপহাৰ দিয়াৰ কথা ভাবিলে।

    বাবৰে এই বিষয়ে কাশিম বেগৰপৰা পৰামৰ্শ বিচাৰিলে। কাশিম বেগে কিছু সময় গুণা-গঁথা কৰি মুদ্ৰাৰে পৰিপূৰ্ণ এটা ৰূপৰ পাত্ৰ দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ালে।

    পৰামৰ্শটো বাবৰৰ মনঃপুত হ'ল। তেওঁ মুদ্ৰাপুৰ্ণ পাত্ৰৰ লগত মাথোঁ আন এপদ বস্তু দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ালেআপুনি মুদ্রাপুর্ণ পাত্ৰটো এটা খালী ঘোঁৰাৰ বাগীত পঠোৱাৰ ব্যৱস্থা কৰক।

    বাগীৰ কথা শুনি কাশিম বেগে চিন্তিত কণ্ঠত ক'লেকিন্তু বর্তমান  আমাৰ মাথোন এটাহে খালী বাগী আছে। বাগীটোক যদি উপহাৰ বুলি ভাবি তেওঁলোকে ওভতাই নিদিয়ে আৰু যদি আপোনাৰ প্ৰয়োজন হয়........

    বাবৰে দৃঢ় কণ্ঠত ক'লেআল্লাহৰ ওপৰত ভৰসা ৰাখক, নিশ্চয় তাৰ প্রয়োজন নহ'ব। বাগীত মাহীয়েই চফৰ কৰক।

    কথাষাৰ বাবৰৰ আদেশ বুলি ভাবি কাশিম বেগে কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। বাবৰে কোৱামতে মুদ্রাপূৰ্ণ পাত্ৰ বাগীসহ পঠিয়াই দিলে।

    পাচদিনা ৰাতিপুৱা দুটা জাকজমক ৰাজকীয় বাগী, মালবাহী গাড়ী আৰু উটৰ শাৰী উত্তৰ ফালে ঘূৰি তাচকন্দৰ ফালে ৰাওনা হৈ গ'ল ৷ নক'লেও হ'ব যে সেই বাগী দুটাৰ এটাত আৰোহী আছিল মেহেৰ নিগাৰ খানম আৰু আনটোত আৰোহী আছিল আয়চা বেগম ।

    দেহৰক্ষী সেনাৰ উপৰিও বাবৰে নিজৰ এশজন সুশিক্ষিত সেনা মেহেৰ নিগাৰ খানম আৰু আয়চা বেগমৰ লগত পঠিয়াই দিলে।

    বাবৰে মাহীয়েক আৰু বাগদত্তাক শেষ বিদায় সম্ভাষণ জনাবলৈ এটা টিলাৰ ওপৰত উঠি থিয় হ'ল। বাগী, মালবাহী গাড়ী আৰু অপসৃয়মান উটৰ শাৰী লাহে লাহে তেওঁৰ দৃষ্টি পথৰ পৰা অদৃশ্য হৈ পৰিল। তেওঁৰ লগত যোৱা সেনাবোৰ উভতি আহিল যদিও তেওঁ টিলাৰ ওপৰত থিয় হৈ অৰ্ন্তদৃষ্টিৰে আয়চা বেগম উঠি যোৱা চলন্ত বাগীটো প্ৰত্যক্ষ কৰিবলৈ ধৰিলেতেওঁ হয়তো তেনেকৈ থিয় দি নিজৰ বাগদত্তাক শুভ কামনা জনোৱাৰ লগতে নিজেও তাইৰ পৰা বিদায় লৈ আছিল৷

    বাবৰ চমৰকন্দত এশ দিন আছিলএই এশ দিনৰ ভিতৰত তেওঁ এদিনৰ কাৰণেও আয়চা বেগমৰ মুখামুখি হোৱা নাছিল। ধৰ্মীয় নীতি-নিয়মৰ লগতে যুৱকসুলভ লজ্জাশীলতাই তেওঁক আয়চা বেগমৰ লগত সাক্ষাৎ কৰাৰ বাবে বাধা দি ৰাখিছিল। টিলাৰ ওপৰত থিয় হৈ বোস্তান সৰায়' প্রাসাদত বহি লিখা শায়েৰী ফাকিৰ কথা তেওঁৰ মনত পৰি গ'

    তোমাৰ ৰূপৰ খ্যাতি সকলোৰে মুখে মুখে চন্দ্ৰমুখী

    তোমাৰ আৰু মোৰ কেতিয়া মিলন হ'ব চন্দ্রমুখী।

    খন্তেক পাছত বাবৰ অন্যমনস্কভাবে টিলাৰ পৰা নামি ছাউনীলৈ আহিল৷ ছাউনীলৈ আহিয়ে তেওঁ দল-বল সহ আন্দিজান অভিমুখে ৰাওনা হৈ আহিল৷ সিদিনা ওৰেটো দিন তেওঁ ঘোঁৰাৰ পিঠিত বহি শায়েৰীৰ উপৰোক্ত পংক্তি দুটাৰ লগত আন দুটা পংক্তি সংযোগ কৰিলে-

    তোমাৰ মূৰলৈকে ঢুকি নাপালেও জানুলৈকে নিশ্চয় পাম

    ভাগ্যই মোক য'লৈকে নিয়ে তোমাৰ লগত মই তালৈকে যাম ।

    সিদিনা সন্ধিয়া নিশা যাপনৰ বাবে কোশতে গিমান'ত তম্বু তৰাৰ পাছত ওৰেটো দিন ভাবি উলিওৱা পংক্তি দুটা তেওঁ কাগজ-কলম লৈ লিখি পেলালে।

 

 

    বাবৰে জিজ্জখৰ পৰা সৈন্যসামন্তলৈ ৰাওনা হৈ নাবদৰিয়া পাৰ হৈ আন্দিজানৰ পৰিস্থিতি জনাৰ বাবে ছাউনী পাতি ৰৈ থাকিল । কাৰণ আন্দিজানৰ সবিশেষ পৰিস্থিতিৰ বুজ ল'বলৈ চমৰকন্দত থাকোঁতেই কাশিম বেগে তাহিজানক আন্দিজানলৈ পঠিয়াই দিছিল আৰু চমৰকন্দৰপৰা আন্দিজান অভিমুখে ওলাই অহাৰ দুদিনমান আগত এজন সংবাদবাহক পঠাই আন্দিজানৰ পৰিস্থিতিৰ বুজ লৈ তাহিৰজানক বাবৰৰ লগত নাবদৰিয়াৰ পাৰত সাক্ষাৎ কৰাৰ কাৰণে নির্দেশ দি পঠাইছিল। কিন্তু বাবৰে নাবদৰিয়া পাৰ হোৱাৰ সময়ত তাহিৰজান আন্দিজানৰ পৰা আহি কোকন্দ পাৰ হৈ খোদৰবেশ ৰেগিস্থানহে পাইছিল মাথোন। খোদৰবেশৰ পৰা বাবৰে ছাউনী পতা ঠাইলৈ ঘোঁৰা চেঁকুৰাই আহিলেও প্রায় সাত-আঠদিনৰ বাট। গতিকে বাবৰে ছাউনী পাতি ছদিন ৰৈ থকাৰ পাছতো আন্দিজানৰ কোনো খা-খবৰ নাপাই বা তাহিৰজান অহাৰ কোনো লক্ষণ নেদেখি অধৈৰ্য হৈ তেওঁ সাতদিনৰ দিনা পুনৰ আন্দিজান অভিমুখে যাত্ৰা আৰম্ভ কৰিলে ।

    কিছুদূৰ অহাৰ পাছতে বাবৰে কস্তুৰী ৰঙৰ ঘোঁৰাত উঠি ধূলি উৰুৱাই তাহিৰজানক আহি থকা দেখিলে।

    তাহিৰজান বাবৰৰ ওচৰলৈ আহিয়ে জাঁপ মাৰি ঘোঁৰাৰ পিঠিৰ পৰা নামি কান্দোনত ভাঙি পৰিলসি কান্দি কান্দি ক'বলৈ ধৰিলেআপুনি চমৰকন্দ এৰি আহিল কিয় জাহাঁপনা .......

    তাহিৰজানে কান্দি কান্দিয়ে কৈ গ'ল আন্দিজানৰ সকলো ঘটনা।

    তাহিৰজানৰ মুখত আন্দিজানৰ পৰাজয় আৰু দুৰ্গৰ সুৰক্ষাৰ দায়িত্বত থকা সৈন্যসকলৰ বিশ্বাসঘাতকতাৰ বিৱৰণ শুনি বাবৰৰ অন্তৰাত্মা তীব্ৰ আৰ্তনাদ কৰি উঠিল। তেওঁৰ দেহ-মন প্ৰচণ্ড ব্যথাৰ অনুভূতিয়ে আচ্ছন্ন কৰি পেলালে । তেওঁৰ অনুমান হ', যেন পৃথিবীখন ধুমুহাৰ তাণ্ডৱত কঁপি আছে, আকাশ-বতাহ আন্দোলিত হৈ আছে, প্ৰচণ্ড ভূমিকম্পৰ জোঁকাৰণিয়ে পৃথিবীখন তোলপাৰ লগাইছে, চিৰ দৰিয়াই পাৰ ভাঙি ভূ-ভাগ প্লাৱিত কৰিবলৈ যেন মুখব্যদন কৰি আগুৱাই আহি আছে। তৰংগ মাতাল পানীয়ে যেন মত্ত হাতীৰ দৰে মহতীয়াই যাব সমগ্র পৃথিবীখন।

    বাবৰৰ চকু-মুখত কৰুণ ব্যথাৰ অভিব্যক্তি ফুটি উঠিল। চকু বিস্ফাৰিত কৰি তেওঁ আন্দিজানৰ ফালে চাই পঠিয়ালেনদীৰ সিপাৰে থকা খোজন্দ পাহাৰীয়া এলেকা ৰিণিকি ৰিণিকি তেওঁৰ চকুত পৰিলখোজন্দৰ পৰা আন্দিজানলৈ কিমান দূৰ?  বাবৰে নিজৰ মনতে প্ৰশ্ন কৰিলে। তেওঁৰ অনুমান হ', দুর্ভাগ্যই যেন তেওঁক আন্দিজানৰ পৰা চোঁচৰাই চমৰকন্দলৈ লৈ গৈছিল আৰু চৰম দুৰ্ভাগ্যই যেন আকৌ চমৰকন্দৰ পৰা আন্দিজানলৈ খেদি পঠিয়াইছে।

    আন্দিজানৰ পৰা বিশ্বাসঘাতক তনৱাল, চমৰকন্দৰ পৰা চুলতান আলী আৰু তুর্কীস্থানৰ পৰা শৈৱানী খাঁই যেন তেওঁৰ ফালে চাই পৈশাচিক উল্লাসত অট্টহাঁহি হাঁহি আছে আৰু সিহঁতৰ সেই হাঁহিৰ শব্দই যেন চৌদিশ ৰজনজনাই গৈছে।

    আলীদোস্ত বেগৰ বিদ্ৰোহ, বাবৰৰ প্ৰতি আনুগত্য আৰু নিষ্ঠা প্ৰদৰ্শনৰ বাবে খাজা আবদুল্লাক খাকান দৰজাত ফাঁচিত ওলোমাই হত্যা কৰাৰ কথা আৰু বাবৰৰ মাক কুতলুগ নিগাৰ বেগম আৰু বায়েক খানজাদা বেগমৰ দুৰ্দশাৰ কথাও তাহিৰজানে অশ্রুসিক্ত নয়নে বিৱৰি ক'লে

    খাজা আবদুল্লাক ফাঁচিত ওলোমাই হত্যা কৰা আৰু মাক-বায়েকৰ দুৰ্দশাৰ কথা শুনি বাবৰ প্ৰচণ্ড খঙত ফাটি পৰিলতেওঁৰ ধৈৰ্যৰ বান্ধ চিঙি গ'উত্তেজনাত তেওঁৰ চকু-মুখ ৰক্তিম হৈ উঠিলবিক্ষুব্ধ উত্তেজনাত তেওঁ থৰথৰকৈ কঁপিবলৈ ধৰিলে। তেওঁৰ দেহৰ শিৰা-উপশিৰা স্ফীত হৈ উঠিল।

    বাবৰে হঠাৎ জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি উদ্দেশ্যহীনভাবে ঘোঁৰা চেঁকুৰাবলৈ ধৰিলে। ক'লৈ যাব তেওঁ নিজেও নাজানে। ঘোঁৰাৰ ইচ্ছামতেই তেওঁ চেঁকুৰিবলৈ এৰি দিলে য'লৈ যায় যাওঁক বুলি

    ৰাতিপুৱাৰে পৰা পানী নুখোৱাত পিপাসার্ত ঘোঁৰাই তেওঁক নদীৰ পাৰলৈ লৈ আহিল

    নদীৰ থিয় গৰা দেখি বাবৰৰ হঠাৎ দেউতাকলৈ মনত পৰি গ'তেওঁৰ ভাব হ'ল যেন থিয় গৰাটো লাহে লাহে তললৈ বহি যাব ধৰিছে। উচাপ খাই তেওঁ পিচ হোঁহকি আহিল। ক্ষোভ, আক্রোশত তেওঁ উদ্ভ্রান্তৰ দৰে হৈ উঠিল। এটা সময়ত তেওঁ নিৰুদ্ধ আক্রোশত ঘোঁৰাৰ ডিঙিত সাৱটি ধৰি মাইকী মানুহৰ দৰে ফেঁকুৰি উঠিল।

    বাবৰে হঠাৎ উদ্ভ্রান্তৰ দৰে ঘোঁৰা চেঁকুৰাই অহা দেখি উৎকণ্ঠিত হৈ কাশিম বেগ আৰু হেকিমো তেওঁৰ পিছে পিছে আহি আছিল। তেওঁলোকে কিছু আঁতৰত ৰৈ বাবৰৰ আলেখ-লেখ চাই আছিল। বাবৰক কন্দা দেখি কাশিম বেগে কাষ চাপি আহি সমবেদনা প্রকাশ কৰি ক'লেএনেকৈ নাকান্দিব, জাহাঁপনাআমি এতিয়া চৰম বিপদৰ সন্মুখীন হৈছোঁ। বিপদত ধৈর্য ধৰা উচিত

    তনৱালে আন্দিজানত কাশিম বেগৰো বিস্তৰ ক্ষতি সাধন কৰিছিল। গতিকে তেওঁ নিজৰ দুৰৱস্থাৰ কথাকৈ বাবৰক সান্ত্বনা দিয়াৰ চেষ্টা কৰি ক'লেবিদ্ৰোহীবোৰে মোৰ সমস্ত সম্পত্তি লুট-পাত কৰি লৈ গৈছে। মোৰ ল'ৰাটোকো হেনো বেয়াকৈ জখম কৰিছে। এয়া অদৃষ্টৰ পৰিহাসৰ বাহিৰেনো কি হ'ব পাৰে জাহাঁপনা!

    কাশিম বেগৰ কথা শুনি বাবৰে উদ্বিগ্নভাবে মূৰ তুলি চালে। তেওঁৰ চকুত তেতিয়াও চকুপানী জিলিকি আছিল

    বাবৰৰ চকুত চকুপানী দেখি হেকিমে মাতৃসুলভ স্নেহেৰে বাবৰৰ পিঠিত হাত বুলাই ক'লেজাহাঁপনা, আপোনাৰ অন্তৰ ইমান সৰু কৰা উচিত নহয়। আল্লাহৰ কৃপাত আপোনাৰ মাক আৰু বায়েক দুয়ো কুশলেই আছে। আপুনি জীয়াই থাকিলে আকৌ সকলো উভতি পাব। আল্লাহৰ ওপৰত ভৰসা ৰাখকএইদৰে হতাশাত ভাঙি পৰিলে আপোনাৰ অসুখ পুনৰ বেছি হ'ব পাৰে। তেতিয়া সকলো আশা-ভৰসা বৰবাদ হৈ যাব জাহাঁপনা৷

    হেকিমৰ উপদেশ মিশ্রিত কথাবোৰ বাবৰৰ কৰ্ণগোচৰ নহ'ল। কাৰণ তেওঁৰ চকুৰ আগত তেতিয়া ওলমি আছিল খাজা আবদুল্লাৰ প্ৰাণহীন দেহ। তেওঁ চেষ্টা কৰিও চকুপানী সম্বৰণ কৰিব নোৱাৰিলে৷ তেওঁৰ দুচকুত যেন বাৰিষাৰ ঢল নামিল৷ যন্ত্ৰণা বিকৃত কণ্ঠত তেওঁ নিজকে নিজে কোৱাদি ক'বলৈ ধৰিলে হায়! মোৰ ওস্তাদ, আপুনি মোক কাৰ ওচৰত এৰি থৈ এইদৰে গুচি গ'? সেই পাষণ্ডবোৰে আপোনাৰ নিচিনা এজন মানুহক কেনেকৈ ফাঁচি দি মাৰিব পাৰিলে? এইদৰে কোৱাৰ পাছত বাবৰে যেন হঠাৎ আত্মপ্রত্যয় ঘূৰাই পালে । তেওঁৰ ক্লান্ত শিথিল স্নায়ুবোৰ যেন হঠাৎ সজাগ হৈ উঠিল। দুচকুত দপ্‌কৈ জ্বলি উঠিল প্ৰতিশোধৰ বহ্নিশিখা। বিষণ্ণ ক্লান্তিৰ ঠাইত জাগি উঠিল উদ্যম উদ্দীপনা। হঠাৎ তেওঁৰ কণ্ঠস্বৰ সলনি হৈ গ'ল। আক্রোশত জ্বলি উঠিল তেওঁ- মই, মই মোৰ ওস্তাদ হত্যাৰ বদলা ল'ম। মোৰ দেহত প্ৰাণ থকালৈকে মই যুঁজি যামএয়া মোৰ কচম।    হেকিম আৰু কাশিম বেগে লক্ষ্য কৰিলে বাবৰে খোনাই খোনাই কথা কোৱা নাই। প্ৰতিটো শব্দ সাৱলীল আৰু স্পষ্টভাবেই উচ্চাৰণ কৰি আছে। কথা কেইটা কৈ থাকোঁতে মাথোন মুখৰ ৰংহে সলনি হৈ আছেকেতিয়াবা শেঁতা, কেতিয়াবা আকৌ ৰঙা হৈ উঠিছে তেওঁৰ মুখমণ্ডল।

    কাশিম বেগৰ ফালে চাই বাবৰে স্পষ্ট উচ্চাৰণেৰে আদেশৰ সুৰত ক'লেম‍ই বদলা ল, ম‍ই যুঁজিম। আপুনি সৈন্যসকলক একগোট কৰি মোৰ সিদ্ধান্ত জনাই দিয়ক মই কচম কৰিছোঁ, মই বদলা ল'ম। আটায়ে আন্দিজানলৈ ব'লক

    বাবৰে কথা কেইটা কৈ জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি ছাউনীৰ ফালে ঘোঁৰা চেঁকুৰালে

 

    বাবৰে অতি সহজেই মাৰ্গিলান আৰু উশ্ব দখল কৰিলেআহম্মদ তনৱাল আন্দিজানৰ ওচৰত হোৱা সন্মুখ সমৰতো বাবৰৰ হাতত শোচনীয়ভাবে পৰাজিত হ'ল। তনৱাল উপায়বিহীন হৈ সৈন্যসহ পলাই গৈ আন্দিজান দুৰ্গৰ ভিতৰত আশ্রয় ললে।

    বিজয়ৰ আনন্দত বাবৰৰ সৈন্যসকল দুঃসাহসী হৈ উঠিল। এদিন বাবৰৰ কিছু সংখ্যক সেনাই দুৰ্গৰ খাকান দৰজাৰ কাষত থকা গঁড়খাৱৈৰ ওচৰত তম্বু তৰিলে। কিন্তু বিজয়ৰ আনন্দত আত্মসন্তুষ্টিত ভূগি থকা সৈন্যসকলে তম্বু পহৰা দিয়াৰ ব্যৱস্থা নকৰাকৈয়ে ৰাতি শুই থাকিল। সিহঁতৰ এই অদূৰদৰ্শিতাৰ চৰম মূল্য দিব লগা হ'ল সিহঁতে সেইদিনা ৰাতিয়ে৷

    আহম্মদ তনৱালৰ সেনাবোৰে আলেঙে আলেঙে গঁড়খাৱৈৰ ওচৰত তম্বু তৰা বাবৰ সেনাৰ ওপৰত চকু ৰাখি আছিল। সিহঁতে যেতিয়া বাবৰৰ সেনাবোৰক কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নকৰাকৈ তম্বুত লালকাল দি শুই থকা দেখিলে তেতিয়া সিহঁত উজ্জীৱিত হৈ উঠিল। তনৱালৰ লগত পৰামৰ্শ কৰি বেলি উঠাৰ আগে আগে সিহঁতে বাবৰ সেনাৰ ওপৰত অতর্কিতে জঁপিয়াই পৰিল ।

    গভীৰ টোপনিত লালকাল দি শুই থকা বাবৰ সেনাই হৈ-চৈ শুনি সাৰ পাই উঠিল যদিও প্ৰতিৰোধৰ কাৰণে সাজু হ'ব নোৱাৰিলে আৰু প্ৰতিৰোধৰ আশা ত্যাগ কৰি প্ৰাণলৈ যেনি-তেনি পলাবলৈ ধৰিলে। এই ঘটনাৰ প্ৰভাৱ অলপ নিলগত থকা বাবৰৰ ছাউনীৰ ওপৰতো পৰিল

    পলৰীয়া সেনাবোৰৰ লগত বাবৰৰ দেহৰক্ষাৰ দায়িত্বত থকা সেনাবোৰো বাবৰৰ দেহৰক্ষাৰ কথা পাহৰি প্ৰাণলৈ দিহিঙে-দিপাঙে দৌৰিবলৈ ধৰিলে।

    কোলাহল শুনি বাবৰে সাৰ পাই দেখিলে তেওঁৰ দেহৰক্ষাৰ বাবে মাথোন দহজন সেনাহে অৱশিষ্ট আছেহি। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি আসন্ন বিপদৰ মোকাবিলা কৰিবলৈ তেওঁ তৎক্ষণাৎ সাজি-কাচি ওলাল৷ তেওঁ জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠিয়ে কোলাহলৰ উৎস ধৰি খাকান দৰজাৰ ফালে ঘোঁৰা চেঁকুৰালে ।

    বাবৰে লক্ষ্য কৰিলে, আহম্মদ তনৱালৰ তীৰন্দাজ সেনাবোৰে তেওঁৰ পলৰীয়া সেনাবোৰৰ ওপৰত যধে-মধে শৰ নিক্ষেপ কৰি আছে।

    বাবৰে ভালদৰে নিৰীক্ষণ কৰি দেখিলে, তীৰন্দাজ সেনাসংখ্যা তেনেই তাকৰ। গতিকে তেওঁ দহজন সেনালৈয়ে সিহঁতৰ ওপৰত জঁপিয়াই পৰিলআকস্মিক আক্ৰমণত ভয় খাই তীৰন্দাজ সেনাবোৰ মূৰে ভৰিয়ে দৌৰি পলাবলৈ ধৰিলে। বাবৰ উৎসাহিত হৈ সিহঁতৰ পিছে পিছে খেদি আহিল

    কিছুদূৰ অহাৰ পাছত বাবৰে এদল অশ্বাৰোহী সেনা গছ-গছনিৰ আঁৰৰ পৰা বাহিৰ হৈ তেওঁলোকৰ ফালে আহি থকা দেখিলেসেনাবোৰৰ আগে আগে আহি আছিল আহম্মদ তনৱালতনৱালক দেখি বাবৰে লেকাম টানি ঘোঁৰা ৰখালে।

    ঘোঁৰা ৰখাইয়ে বাবৰে তেওঁৰ লগত কোন কোন আছে তাৰ বুজ ল'বলৈ তৎপৰ হৈ চাৰিওফালে দৃষ্টি বুলালে । তেওঁ দেখিলে তাহিৰজানৰ সৈতে তেওঁৰ লগত মাথোন তিনিজন সেনাহে আছে। বাকী সেনাবোৰ আসন্ন বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাণলৈ পলাই গৈছেইচ্ছা কৰিলে বা অলপ তৎপৰ হ'লে অৱশ্যে বাবৰো পলাই যাব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ প্রকৃতিয়ে তেওঁক শত্ৰুৰ ফালে পিঠি দি পলাবলৈ বাধা দিলে। তেওঁৰ মনত আত্মসন্মানবোধ জাগি উঠিলঅলপ আগতে মৃত্যু ভয়ত তেওঁ কিছু বিচলিত হৈ উঠিছিল যদিও আত্মসন্মানবোধ জাগি উঠাৰ লগে লগে সেই ভয় দূৰতে বিদূৰ হ'ল আৰু বীৰৰ দৰে শত্ৰুৰ মুখা-মুখি হ'বলৈ তেওঁ দৃঢ় প্রতিজ্ঞ হ'

    ভবামতেই বাবৰে ততাতৈয়াকৈ শৰধনু সাজু কৰি ল'লে আৰু শত্ৰু সেনা লক্ষ্যৰ ভিতৰলৈ সোমাই অহালৈ অধীৰভাবে অপেক্ষা কৰিবলৈ ধৰিলে। বাবৰৰ দেখাদেখি তাহিৰজান আৰু আন দুজন সেনায়ো শৰধনু সাজু কৰি শত্ৰুৰ মোকাবিলা কৰিবলৈ অৱস্থান ল'লে।

    আহম্মদ তনৱাল দ্ৰুত গতিত বাবৰৰ ফালে ঘোঁৰা চেঁকুৰাই আহি আছিল৷ তাকৰীয়া সৈন্যৰ মাজত বাবৰক থিয় হৈ থকা দেখি সি উল্লাসিত হৈ ঘোঁৰাৰ গতি নিয়ন্ত্ৰণ নকৰাকৈয়ে খাপৰ পৰা তৰোৱাল উলিয়াই পৈশাচিক উল্লাসত মূৰৰ ওপৰত ঘূৰাই ঘূৰাই বাবৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে

    তনৱাল লক্ষ্যস্থানৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে বাবৰে তনৱালৰ নাক আৰু চকুৰ মাজ ডোখৰ লক্ষ্য কৰি শৰ এৰি দিলে। সন্ সন্ ধ্বনি তুলি শৰ আগুৱাই গৈ তনৱালৰ শিৰস্ত্ৰাণত আঘাত হানিলে। কিন্তু মজবুত শিৰস্ত্ৰাণৰ কোনো হানি-বিঘিনি কৰিব নোৱাৰি ধাতৱ শব্দ কৰি শৰডাল মাটিত সৰি পৰিলবাবৰে পুনৰ তনৱালৰ কণ্ঠদেশ লক্ষ্য কৰি শৰ নিক্ষেপ কৰিলে। তনৱালে ক্ষিপ্ৰহাতে সেই শৰ প্ৰতিহত কৰিলেঢালত খুন্দা খাই শৰ পুনৰ মাটিত সৰি পৰিল ৷

    তনৱালৰ সেনাবোৰেও বাবৰলৈ লক্ষ্য কৰি শৰ নিক্ষেপ কৰিবলৈ ধৰিলে। এপাত শৰ আহি বাবৰৰ জোতা ভেদ কৰি ভৰিত লাগিলবাবৰে ভৰিৰ পৰা শৰপাত এৰুৱাই নিজক চম্ভালি লোৱাৰ আগতেই তনৱাল আহি তেওঁৰ কাষ পালেহি।

    তনৱালৰ হাতত জিলিকি আছিল বাবৰে নিজে উপহাৰ দিয়া সেই সোণৰ তৰোৱালখন আৰু তাৰ চকু মুখত বিয়পি আছিল হিংস্র উল্লাস।

    সন্মুখত মূৰ্তিমান যম সদৃশ তনৱালৰ হাতত কোষমুক্ত তৰোৱাল দেখিও বাবৰে নিজৰ তৰোৱাল খাপৰ পৰা উলিয়াই নল'লে। তৰোৱাল উলিয়াই নোলোৱাৰ কাৰণ ভৰিত পোৱা আঘাত নে সময়ৰ অভাৱ সেই কথা স্পষ্টকৈ বুজা নগ'ল।

    তনৱাল কিন্তু ক্ষান্ত নহ'ল। বাবৰৰ নিৰ্লিপ্ততাৰ পূৰ্ণ সুযোগ ল'লে সি। ক্ষণকাল বিলম্ব নকৰি সি বাবৰৰ মূৰ লক্ষ্য কৰি আঘাত হানিলেশিৰস্ত্ৰাণ ভেদ কৰি তৰোৱাল মূৰত বহি নগ'ল যদিও শিৰস্ত্ৰাণৰ আঘাততে বাবৰৰ মূৰ ফাটি গ'ল আৰু ক্ষতস্থানৰ পৰা তেজৰ সোঁত ববলৈ ধৰিলে। আকস্মিক প্রচণ্ড আঘাতত বাবৰৰ মূৰ আচন্দ্ৰাই কৰি উঠিলদুচকুৰে তেওঁ ধুঁৱলী-কুঁৱলী দেখিবলৈ ধৰিলে।

    জোতাও যেন তেজেৰে ভৰি পৰিছে? মূৰ আচন্দ্ৰাই কৰি উঠাৰ ফলত বাবৰে ঘোঁৰাৰ পিঠিত শুই পৰাৰ সময়ত কিঞ্চিত উদাসীনভাবে প্রকাশ্যেই কথাষাৰ ক'লে।

    তনৱালে বাবৰৰ সংকটাপন্ন অৱস্থা লক্ষ্য কৰি বিজয় উল্লাসত চিঞৰি উঠি পুনৰ আঘাত হানিবলৈ তৰোৱাল দাঙি ল'লে।

    তাহিৰজানে বাবৰৰ সংকটাপন্ন অৱস্থা দেখি সহায়ৰ বাবে আগবাঢ়ি আহি ঠিক সেই মুহূর্ততে সেইখিনি পাইছিলহি। তাহিৰে তনৱালৰ আঘাত প্রতিহত কৰাৰ বেলেগ কোনো উপায় নেদেখি বাবৰৰ ঘোঁৰাৰ লেকাম ধৰি গাৰ বলেৰে টান মাৰিলে। টান পাই ঘোঁৰাটো কিঞ্চিত আগুৱাই গ'ফলত তনৱালৰ আঘাত বাবৰৰ শৰীৰত নালাগি তৃণত লাগিল৷ তূণ কাটি মাটিত সৰি পৰিল ৷

    তনৱালে পুনৰ তৰোৱাল দাঙি লোৱাৰ আগতেই তাহিৰে তীব্ৰ আৰ্তনাদ কৰি ক'লেজাহাঁপনা, ঘোঁৰা চম্ভালক। এইদৰে কৈয়ে তাহিৰে বাবৰৰ ঘোঁৰাৰ পিঠিত প্রচণ্ড চাবুকাঘাত কৰিলে৷

    মুগা বৰণৰ ঘোঁৰাটো বাবৰৰ বৰ প্ৰিয় আছিল। কেতিয়াবা কাচিৎহে এনে নিষ্ঠুৰ ব্যৱহাৰ কৰা হৈছিল ঘোঁৰাটোৰ লগত৷ গতিকে অনভ্যস্ত চাবুকাঘাতত চক্‌ খাই ঘোঁৰাটোৱে বাবৰকলৈ বায়ুবেগত দৌৰিবলৈ ধৰিলে।

    তাহিৰৰ উপস্থিত বুদ্ধি আৰু তৎপৰতাৰ কাৰণেহে বাবৰে সিদিনা কথমপি নিশ্চিত মৃত্যুমুখৰ পৰা ৰক্ষা পৰিল

    বাবৰৰ ভৰি আৰু মূৰৰ ঘা শুকাবলৈ বহুত দিন লাগিলঘাৰ যন্ত্ৰণাৰ লগতে মূৰ ঘূৰণি বেমাৰে তেওঁক যন্ত্রণাদায়ক পীড়া দিবলৈ ধৰিলে। ভৰিৰ ঘা লাহে লাহে শুকাই ভাল হৈ আহিল যদিও বহুদিন তেওঁ খোৰাই খোৰাই খোজ কাঢ়িব লগা হ'ল আৰু মূৰ ঘূৰণি বেমাৰটোৱে বহুদিন তেওঁক যন্ত্রণা দি থাকিল।

    অৱশেষত বাবৰে আন্দিজান জয়ৰ আশা সিমানতে সামৰি উশ্বলৈ উভতি আহিল।

    দেহৰ ঘাতকৈ মনৰ ঘাই বাবৰক বেছিকৈ যন্ত্রণা দিবলৈ ধৰিলে। ভাগ্যৰ বিড়ম্বণাত তেওঁ প্ৰচণ্ডভাবে মৰ্মাহত হৈ পৰিল ।

    ভাগ্যৰ কি নিৰ্মম পৰিহাস। তেওঁ নিজে উপহাৰ দিয়া তৰোৱালৰ আঘাত তেওঁ নিজেই মূৰ পাতি ল'ব লগা হ'ল ! ইয়াতকৈ দুৰ্ভাগ্যৰ কথানো কি হ'ব পাৰে? মানুহে কয়সজ্জনে সুবিচাৰ পায় আৰু বেইমানে শাস্তি মূৰপাতি ল'ব লগা হয়। কিন্তু তেওঁৰ ক্ষেত্ৰত ইয়াৰ ওলোটাটো হ'ল কিয় ? বেইমান, নিষ্ঠুৰ তনৱালক ভাগ্যই শাস্তি দিয়া নাই কিয়? যুদ্ধক্ষেত্ৰত বেইমান, অত্যাচাৰী তনৱালৰ হাতেই কিয় অধিক শক্তিশালী আৰু সৌভাগ্যশালী বুলি পৰিগণিত হ'?

    বাবৰ উশ্বলৈ অহাৰ পাছতে কুতলুগ নিগাৰ খানম আৰু খানজাদা বেগমক জাহাংগীৰে বাবৰৰ ওচৰলৈ পঠিয়াই দিছিল। তেতিয়াৰ পৰা দুয়ো বাবৰৰ লগতে আছে।

    বাবৰে এদিন মাক কুতলুগ নিগাৰ বেগমক এইবোৰ প্ৰশ্ন কৰাত কুতলুগ নিগাৰ বেগমে তেওঁক সান্ত্বনা দিয়াৰ কাৰণে ক'লেখোদাৰ মেহেৰবাণীত আপুনি যে জীৱন লৈ উভতি আহিছে এইয়াই যথেষ্টআপুনি বর্তমান মাথোন ষোল্ল বছৰৰ কিশোৰ। তনৱালৰ দৰে বয়স হ'লে আপুনিও ইয়াতকৈ বহু ডাঙৰ বিজয় সাব্যস্ত কৰিব পাৰিব। বৰ্তমান আপোনালোক দুই ককায়েক-ভায়েকৰ মাজত সংঘটিত হোৱা যুদ্ধ-বিগ্রহই এই এলেকাৰ শান্তি আৰু সমৃদ্ধিৰ মূৰত কুঠাৰাঘাত কৰিছে। আপোনাৰ মহায়েক চুলতান মহম্মদ খাই জাহাংগীৰ আৰু আপোনাৰ মাজত শান্তি চুক্তি হোৱা উচিত বুলি কৈ আছেতেওঁ আখশ্বী জাহাংগীৰক আৰু আন্দিজান আপোনাক দিব খুজিছে।

    মাকৰ কথা শুনি বাবৰে চিন্তিত কণ্ঠত ক'লেকিন্তু ফাৰগানাৰ এই সৰু সাম্ৰাজ্য টুকুৰা-টুকুৰ কৰাটো জানো সমীচিন হ'? সমগ্র মাউৰা উন্নহৰ একগোট কৰাৰ পৰিৱৰ্তে ডোখৰ ডোখৰ কৰিলে জানো শক্তি কমি নাযাব?

    এতিয়া ইয়াৰ বাহিৰে বেলেগ কোনো উপায় নাই। জাহাংগীৰতো আপোনাৰে ভায়েক। দুই ককায়েক ভায়েকৰ মাজত বুজা-পৰা থাকিলে বাহিৰা শত্রুই আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। কুতলুগ নিগাৰ বেগমে বাবৰক এইদৰে সান্ত্বনা দি প্ৰসংগ সলনি কৰি ক'লেআপুনি এতিয়া মাথোন সাম্ৰাজ্যৰ কথা ভাবিলেই নহ'ব। তাচকন্দত আপোনাৰ বাগদত্তাই আপোনাৰ অপেক্ষাত অধীৰভাবে দিন গণি আছে। মই কেইদিনমান আগতে আপাজানৰ পৰা চিঠি এখন পাইছোঁ। আপাজানে আয়চা বেগমক সোনকালে ইয়ালৈ অনাৰ বাবে লিখি পঠাইছে। গতিকে আমি সোনকালে আয়চা বেগমক ইয়ালৈ অনাটো উচিত হ'ব।

    বাবৰে মাকৰ কথাৰ বিৰোধিতা কৰিব খুজিও কৰিব নোৱাৰিলে । কাৰণ তেওঁ নিজেও বাগদত্তাৰ লগত মিলনৰ বাবে ব্যাকুল হৈ উঠিছিল

    বাবৰৰ পৰা অনুমতিলৈ কুতলুগ নিগাৰ বেগমে কেইদিন মান পাছতে তাচকন্দলৈ মানুহ পঠাই আয়চা বেগমক উশ্বলৈ অনালে আৰু দুয়োৰো শুভ পৰিণয় ধুমধামেৰে সম্পন্ন কৰিলে

    বিয়াৰ কেইদিন মান পাছতে চুলতান মহম্মদ খাঁৰ পৰামৰ্শ অনুসৰি বাবৰে মির্জা জাহাংগীৰক আখচি এৰি দি নিজে আন্দিজানৰ শাসন ভাৰ নিজৰ হাতলৈ আনিলে।

    বাবৰক ইমান দিনে প্রচণ্ড পীড়া দি থকা ভয়ংকৰ দুঃস্বপ্ন এই শান্তি চুক্তিৰ ফলত সাময়িকভাবে আঁতৰি গ'ল । ফলত সকলো চিন্তা-ভাৱনা ত্যাগ কৰি বাবৰ পুনৰ শায়েৰ হোৱাৰ কল্পনাত বিভোৰ হৈ পৰিল। কিন্তু কিছুদিন পাছত তেওঁ পুনৰ চমৰকন্দ আক্ৰমণ কৰিবলৈ বাধ্য হৈ পৰিল। ভাগ্যই পুনৰ তেওঁক দিহিঙে-দিপাঙে ঘুৰি ফুৰিবলৈ বাধ্য কৰালে

            বাবৰে চমৰকন্দ এৰি অহাৰ পাছত বুখাৰাৰ চুলতান চুলতান আলীয়ে চমৰকন্দ দখল কৰিছিল

            চুলতান আলীৰ বয়স কম আছিল। কিন্তু তথাপিও তেওঁ অত্যধিক নাৰীলোভী আৰু স্বেচ্ছাচাৰী ও অকর্মণ্য শাসক হিচাপে জনাজাত আছিলগতিকে শাসক হিচাপে তেওঁক কোনেও ভাল নাপাইছিল। তদুপৰি তেওঁৰ বয়স কম হোৱা কাৰণে তেওঁৰ মাক জোহৰা বেগমেই সর্বেসর্বা আছিল। জোহৰা বেগমো স্বেচ্ছাচাৰী আৰু ক্ষমতালোভী আছিল। গতিকে জোহৰা বেগমকো চমৰকন্দৰ বেগ আৰু বিশিষ্ট নাগৰিকসকলে মুঠেই ভাল নাপাইছিল । ফলত বেগ আৰু বিশিষ্ট নাগৰিকসকল এটা সময়ত তলে তলে চুলতান আলীৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে।

            এই বিদ্ৰোহৰ খবৰ তুৰ্কীস্থানৰ শাসক শৈৱানী খাঁৰ কাণতো পৰেকিন্তু শৈৱানী খাই যুদ্ধৰ পৰিবৰ্তে এক বিশেষ কৌশল অৱলম্বন কৰি চমৰকন্দ দখল কৰাৰ সিদ্ধান্ত লয়।

            শৈৱানী খাঁই জানিছিল, যে চুলতান আলীৰ মাক জোহৰা বেগম বিধবা যদিও যুৱতী হৈয়ে আছে। কামপীড়িতা বুলিও তাইৰ দুৰ্নাম আছে। শৈৱানী খাই তাইৰ এই দুৰ্বলতাৰ সুযোগ লৈ বিনাযুদ্ধে চমৰকন্দ দখল কৰাৰ কথা ভাবিলে৷

            ভবামতেই শৈৱানী খাঁই প্রেম নিবেদন কৰি জোহৰা বেগমলৈ পত্ৰ প্ৰেৰণ কৰে

            পত্ৰ পাই জোহৰা বেগমৰ দেহত কামনাৰ জুই জ্বলি উঠাৰ সমান্তৰালভাবে প্রতিহিংসাৰ জুইকুৰাও দপ্‌কৈ জ্বলি উঠেকাৰণ বেগসকলে তাইক ভাল নাপায় আৰু তলে তলে বিদ্রোহাচৰণ কৰাৰ কথা তাই গম পাই আছিল। কিন্তু দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰেই তাই সকলো জানি-বুজিও পৰিস্থিতিৰ মেৰপাকত পৰি সকলো মুখ বুজি সহ্য কৰি আছিল ।

            শৈৱানী খাঁৰ পৰা প্রেমপত্র পাই তাই উজ্জীৱিত হৈ উঠে। শৈৱানী খাঁক বিয়া কৰাব পাৰিলে একেলগে তাইৰ দুটা উদ্দেশ্য সফল হ'অতৃপ্ত যৌন বাসনা চৰিতাৰ্থ কৰাৰ লগতে তাই বিদ্রোহী বেগসকলকো এসেকা দিয়াৰ বাবে সুযোগ পাব৷ গতিকে তাই বিশেষ ভবা-চিন্তা নকৰাকৈ শেৱানী খাঁক চমৰকন্দলৈ যাবলৈ আমন্ত্ৰণ জনায়৷

            জোহৰা বেগমৰ পৰা আমন্ত্ৰণ পাই শৈৱানী খাঁই চমৰকন্দলৈ আহি চহৰৰ পৰা অনতিদূৰতে ছাউনী পাতি জোহৰা বেগম আৰু চুলতান আলীক ছাউনীলৈ মাতি পঠায়। তেওঁলোক শৈৱানী খাঁৰ ছাউনীলৈ যোৱাত পূৰ্ব পৰিকল্পনা অনুসৰি মাক-পুতেক দুয়োকে শৈৱানী খাঁই বন্দী কৰি চমৰকন্দৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ পাছত জোহৰা বেগমক মনচুৰ বক্সী নামৰ বেগ এজনৰ লগত বিয়া দি দিয়ে আৰু চুলতান আলীক হত্যা কৰি সিংহাসন নিষ্কণ্টক কৰি চমৰকন্দৰ শাসনভাৰ চম্ভালে৷

            শৈৱানী খাঁ এজন নিষ্ঠুৰ প্ৰকৃতিৰ শাসক আছিলতেওঁ কূটিল আৰু ক্ষমতা লোভী আছিল ফলত শাসন শোষণেৰে তেওঁ চমৰকন্দৰ প্ৰজা সাধাৰণক কিছুদিনৰ ভিতৰতে জুৰুলা কৰি পেলায়৷

            শৈৱানী খাঁৰ এই প্ৰজা উৎপীড়নৰ কথা এটা সময়ত বাবৰৰ কাণতো পৰে৷ চমৰকন্দৰ প্ৰতি বাবৰৰ এক বিশেষ আকৰ্ষণ আছিল আৰু প্ৰজা সাধাৰণকো তেওঁ খুউব ভাল পাইছিলগতিকে চমৰকন্দবাসীৰ দুৰ্গতিৰ কথা শুনি বাবৰ স্থিৰেৰে থাকিব নোৱাৰিলে। চমৰকন্দবাসীক শৈৱানী খাঁৰ হাতৰপৰা উদ্ধাৰ কৰিবলৈ তেওঁ সসৈন্যে চমৰকন্দলৈ যাত্ৰা কৰিলে

            সমগ্র গ্রীষ্মকালি নানা আলৈ-আহুকালৰ মাজেদি আহি আহি বাবৰে শৰত কালৰ কোনোবা এটা দুপৰীয়া চমৰকন্দৰ পৰা বিশ মাইল আঁতৰেদি বৈ থকা জাফৰচন নদীৰ পাৰ পালেহিৰতকাল কাৰণে নদীৰ পানী তৰাং আছিলগতিকে তেওঁলোকে খোজকাঢ়ি নদী পাৰ হ'বলৈ সক্ষম হ'

            নদী পাৰ হৈ বাবৰে সসৈন্যে অতি দ্ৰুত অথচ সাৱধানেৰে কোনো ধৰণৰ হৈ-হাল্লা নকৰাকৈ চিয়াব নদীৰ ফালে আগবাঢ়িবলৈ ধৰিলে

            নদী পৰীয়া ঠাই। ভূমি ভাগ উৰ্বৰা। গতিকে অ'ত ত'ত সিঁচৰিত হৈ আছিল ঘন বসতিপূর্ণ বহু গাঁও। শৈৱানী খাই যাতে তেওঁলোকৰ এই অভিযানৰ কথা আগতীয়াকৈ গম নাপায় তাৰ বাবে বাবৰে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িবলৈ ধৰিলে। ফলত তেওঁলোকে মানুহৰ চকুত নপৰিবৰ বাবে পাৰ্যমানে ঘনবসতি পূর্ণ গাঁওবোৰ এৰাই চলিবলৈ যত্নপৰ হ'ল। তেওঁলোকে ঘন বসতিপূৰ্ণ গাঁৱৰ পৰা আঁতৰে আঁতৰে থাকি আগবাঢ়ি থাকিলকেতিয়াবা ঘন বসতিপূর্ণ গাঁৱৰ মাজেৰে আহিব লগা হ'লে অতি সাৱধানেৰে কোনো ধৰণৰ উচ্ছৃংখলতা প্ৰকাশ নকৰি মনে মনে গাঁৱবোৰ পাৰ হৈ আহিবলৈ ধৰিলে।

            এইসমূহ গাঁৱৰ মানুহ শৈৱানী খাঁৰ সেনাৰ ভয়ত আগৰে পৰাই সন্ত্ৰস্তহৈ আছিল। কাৰণ শৈৱানী খাঁৰ সেনাই এইসমূহ গাঁৱত লুটপাতৰ জৰিয়তে আগৰে পৰাই ত্ৰাসৰ সৃষ্টি কৰি থৈছিল। গতিকে জুয়ে পোৰা গৰুই সেন্দুৰীয়া মেঘ দেখি ভয় কৰাৰ দৰে বাবৰ সেনাক শৈৱানী খাঁৰ অশ্বাৰোহী সেনা বুলি ভাবি গাঁৱৰ মানুহবোৰে তটস্থ হৈ আঁতৰি পলাবলৈ ধৰিলে আৰু আলেঙে আলেঙে ৰৈ থাকি বাবৰ সেনাৰ গতি-বিধি নিৰীক্ষণ কৰিবলৈ ধৰিলে। এবাৰৰ এটা ঘটনাৰ পৰা গাঁৱলীয়া মানুহবোৰে স্পষ্টভাবে বুজিব পাৰিলে, যে এইবোৰ শৈৱানী খাঁৰ সেনা নহয় আৰু এইবোৰ সেনায়ো শৈৱানী খাঁৰ সেনাক ভয় কৰে ৷

            ৰাতিৰ আন্ধাৰত চিয়াব নদী পাৰ হোৱাৰ সময়ত ঘটিছিল ঘটনাটো-

            নদীৰ পানী তৰাং আছিল যদিও তলিভাগ বোকাময় আছিলফলত নদী পাৰ হোৱাৰ সময়ত কিছুমান ঘোঁৰাৰ ভৰি বোকাত পোত গ'সেনাবোৰে মৃদু হাঁহি তামচাৰ মাজেৰে ঘোঁৰাৰ ভৰিবোৰ বোকাৰ পৰা টানি তুলিবলৈ গৈ সিহঁত নিজেও বোকাত পোত যাবলৈ ধৰিলেফলত সিহঁতৰ হাত-ভৰিৰ লগতে মুখমণ্ডলত বোকা লাগি লুতুৰি-পুতুৰি হৈ পৰিল।

            তাহিৰজানো আছিল সেই দলত। সি উচ্চ কণ্ঠত গোৱাল গালি পাৰিবলৈ ধৰিলেচালা, পোত যোৱাৰ সময়ত যাব পাৰিছা এতিয়া বোকাৰ পৰা ভৰি উলিয়াব পৰা নাই কিয়?

            বাবৰ অনতিদূৰতে আছিল। গালিৰ শব্দ আহি তেওঁৰ কাণতো পৰিলতেওঁ ধমকিৰ সুৰত ভর্ৎসনা কৰি ক'লেচিঞৰিছা কিয়? আটাইকে বিপদত পেলাব খুজিছা নেকি ?

    তাহিৰজানে মিনতি ভৰা কণ্ঠত ক'লেক্ষমা কৰিব জাহাঁপনা, বদমাচ ঘোঁৰাটোক কোনো উপায়ে বোকাৰ পৰা টানি তুলিব পৰা নাই ।

    এনেয়ে আন্ধাৰ ৰাতি তাতে আকৌ কুঁৱলী পৰি ৰাতিৰ অন্ধকাৰ অধিক নিবিড় কৰি তুলিছিল। কেইহাতমান আঁতৰৰ মানুহকো দেখাত কষ্ট হৈ আছিল ইফালে পলম কৰাও সম্ভৱ নাছিল। গতিকে বাবৰে দৃঢ়কণ্ঠত ক'লেঘোঁৰাটো তাতেই তেনেকৈ এৰি থৈ বলা। ৰাতিপুৱা কোনোবা গাঁৱলীয়াই উঠাই লৈ যাবহি।

    কাশিম বেগ বাবৰৰ ওচৰতে আছিল। তেওঁ বাবৰক সমৰ্থন কৰি ক'লেজাহাঁপনাই সময়োচিত সিদ্ধান্তই লৈছেঘোঁৰাটো এৰি থৈ আহা মোৰ ঘোঁৰাটো বাৰু তোমাক দি দিম।

    বাটত কিমান ঘোঁৰা আৰু উট মৰিল । তাহিৰজানে ব্যথিত কণ্ঠত ক'লেঅথচ মোৰ এই ঘোঁৰাটো কিমান দুৰ্গম বাট নিৰ্বিঘ্নে পাৰ হৈ আহিল। এতিয়া ইয়াক ইয়াত মৰিবলৈ এৰি থৈ যাম নেকি?

    এতিয়া আমাৰ মূৰৰ ওপৰতো মৃত্যুই খড়্গ তুলি ৰৈ আছে। বাবৰে তাহিৰজানক সান্ত্বনা দিয়াৰ কাৰণে ক'লেৰাতিটোলৈ জীয়াই থাকিলে ৰাতিপুৱা কোনোবা গাঁৱলীয়াই তুলি নিব পাৰিব'লা, দুখ নকৰিবা

    বাবৰৰ পৰামৰ্শ অনুসৰি তাহিৰজানৰ ঘোঁৰাৰ লগতে আৰু দুটা ঘোঁৰা তেনেকৈ এৰি থৈ আহিল

    এই ঘটনাৰ পাছত গাঁৱলীয়া মানুহবোৰৰ বাবৰ সেনাৰ প্ৰতি থকা ভয় ভাব আঁতৰি গ'ল।এনেকি প্রয়োজনত সিহঁতে বাবৰক সহায় কৰিবলৈও কুণ্ঠাবোধ নকৰা হ'ল।

    বাবৰে আহি আহি চমৰকন্দৰ ওচৰ পালেহি। চমৰকন্দৰ কাষ পোৱাৰ লগে লগে তেওঁলোকে আগতকৈও অধিক সতর্কতা অৱলম্বন কৰিলে। দ্রুত অথচ সতর্কতাৰে তেওঁলোকে আগবাঢ়িবলৈ ধৰিলে৷ শৈৱানী খাৰ সেনাই যাতে তেওঁলোকৰ এই অভিযানৰ কথা আগতীয়াকৈ গম পাব নোৱাৰে তাৰ বাবে তেওঁলোক অধিক সতর্ক হ'শৈৱানী খাঁৰ সেনাই এই অভিযানৰ কথা গম পালে সকলো প্ৰচেষ্টা অথলে যোৱাৰ সম্ভাৱনা আছিলকাৰণ শৈৱানী খাঁৰ সেনা বাবৰৰ সেনাতকৈ বহু গুণে বেছি আছিলশৈৱানী খাঁৰ সমগ্ৰ বাহিনী একগোট হৈ তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিলে তিষ্ঠি থকাটো খুবেই কঠিন হ'ব বুলি বাবৰ নিশ্চিত আছিল

    বাবৰ আন্দিজানৰ পৰা আহোঁতে অৱশ্যে ইমান কম সংখ্যক সেনা লৈ ওলাই অহা নাছিল। বাটত আহোঁতে সৈন্য সংখ্যা লাহে লাহে হ্ৰাস হৈ বৰ্তমান মাথোন কেইবাশ সৈন্যহে অৱশিষ্ট আছেহি। গোটেই গ্রীষ্মকাল তেওঁ নানা প্রতিকূল অৱস্থাৰ মাজেৰে নানা আলৈ আহুকাল ও কষ্ট স্বীকাৰ কৰি আহিব লগা হৈছে। তেওঁ আন্দিজানৰ পৰা যাত্ৰা কৰি চহৰচব্জৰ পৰা হিচাৰ, হিচাৰৰ পৰা উদ্‌গম, উদ্‌গমৰ পৰা ফানদৰিয়া পাৰ হৈ আহিব লগা হৈছে। এই দীৰ্ঘ কষ্টকৰ যাত্ৰা পথত পথশ্ৰমত পৰিশ্ৰান্ত হৈ বহুতো সেনা হত উদ্যম হৈ বাবৰৰ সংগ ত্যাগ কৰি গুচি গৈছে। চমৰকন্দৰ পৰা যিসকল সেনা তেওঁৰ লগত গৈছিল সিহঁতৰ বহুতেই হিচাৰৰ বাদচাহ খচৰুৰ ওচৰলৈ গুচি গৈছে। আন্দিজানৰ পৰা অহা বহুতো সেনাই যুদ্ধত সফলতাৰ আশা নেদেখি বাবৰৰ সংগ ত্যাগ কৰি ফাৰগানা বিদ্ৰোহীসকলৰ লগত যোগ দিছেহিফলত সেনা সংখ্যা কমি যোৱাত বাবৰে সতর্কতা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে

    বাবৰে যিমানেই সতর্কতা অৱলম্বন নকৰক কিয় শৈৱানী খাই কিন্তু গুপ্তচৰসকলৰ পৰা ডাঁৰৰ খবৰ ডাঁৰতে পাই আছিলতেওঁ গুপ্তচৰসকলৰ পৰা জানিব পাৰিছিল, যে বাবৰৰ সেনা লাহে লাহে হ্ৰাস হৈ বৰ্তমান মাথোন এহেজাৰ সেনাহে অৱশিষ্ট আছেহি আৰু অৱশিষ্ট সেনাও পাহাৰীয়া দুর্গম অস্বাস্থ্যকৰ ঠাইৰ কঠিন পৰিস্থিতিত অতিষ্ঠ হৈ উঠিছে। বাবৰৰ এইবোৰ পৰিস্থিতিৰ খবৰ পাই শৈৱানী খাঁৰ দৃঢ় বিশ্বাস জন্মি গৈছিল যে বাবৰৰ দৰে এজন বিচক্ষণ যোদ্ধাই তাকৰীয়া সৈন্যৰে তেওঁৰ বিশাল বাহিনীৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈ নিজৰ বিপদ চপাই লোৱাৰ দৰে মূৰ্খামী কেতিয়াও নকৰে। হয় বাবৰ আন্দিজানলৈ উভতি যাব, নহ'লে তেওঁৰ খুড়াক আলাচা খাঁৰ ওচৰত আশ্ৰয় লবহিআলাচা খাঁই ইস্তানীক কোল সৰোবৰৰ সিপাৰে ৰাজত্ব কৰি আছিলগতিকে বাবৰে খুড়াকৰ ওচৰত আশ্ৰয়লৈ সৈন্য সংখ্যা বৃদ্ধি কৰিহে চমৰকন্দ আক্ৰমণৰ কথা চিন্তা কৰিবহি। কাৰণ শৈৱানী খাঁৰ সেনা বাবৰৰ সেনাতকৈ দহ গুণ বেছি; হয়তো ইয়াতকৈও বেছি হ'ব পাৰে। গতিকে এই পৰিস্থিতিত বাবৰে দলনিত পোণা মেলি কেতিয়াও নিজৰ বিপদ চপাই নল'ব। শৈৱানী খাঁৰ মনত এই বিশ্বাস দৃঢ় হোৱাত মাথোন পাঁচশ সেনা চমৰকন্দত থৈ বাকী সেনালৈ তেওঁ চমৰকন্দৰ পৰা পশ্চিম দিশত অৱস্থিত খাজা দিদাৰ নামৰ ঠাইত ছাউনী পাতি বাবৰৰ আক্ৰমণৰ বাবে বাট চাবলৈ ধৰিলে।

    কিন্তু শৈৱানী খাঁৰ হিচাপ ভুল বুলি প্ৰতিপন্ন হ'ল। শৈৱানী খাঁই ভবাৰ দৰে বাবৰৰ মনোবল ইমান ঠুনুকা নাছিল। বাবৰৰ মনোবল আছিল বজ্ৰৰ দৰে কঠিন, ইস্পাতৰ দৰে দৃঢ় আৰু আকাশৰ দৰে সুদূৰপ্ৰসাৰী। তেওঁ মহৎ, বিপদ সংকুল আৰু আনে ভয় কৰা কাৰ্য কৰি নিজক এজন অদ্বিতীয় বিশিষ্ট ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰাৰ কাৰণে লালায়িত আছিল। এই মনোভাবত উদ্বুদ্ধ হৈয়ে তেওঁ জীৱন পণ সংগ্ৰামৰ সিদ্ধান্ত ল'লেশৈৱানী খাৰ পৰা তেওঁ যিকোনো মূল্যৰ বিনিময়ত চমকন্দ কাঢ়ি ল'বই লাগিবএই দৃঢ় ও জীৱন পণ সংকল্প লৈ তেওঁ অতি সন্তর্পণে যুদ্ধৰ আয়োজনত ব্যস্ত হৈ পৰিল।

    চমৰকন্দ আক্ৰমণৰ সকলো পৰিকল্পনা ও আয়োজন সম্পূৰ্ণ হৈ উঠাৰ পাছতো শৈৱানী খাঁৰ নিৰ্লিপ্ততা দেখি বাবৰ কিছুদিন মূৰ পোলোকা মাৰি থাকিল বাবৰৰ মনত সন্দেহ ঘনীভূত হৈ উঠিল, যে শৈৱানী খাঁই হয়তো বাবৰৰ এই অভিযানৰ বিষয়ে আগতীয়াকৈ সকলো কথা জানিব পাৰিও একো নজনাৰ ভাও জুৰি তেওঁক শলঠেকত পেলাবলৈ নির্লিপ্ত হৈ আছে। শৈৱানী খাঁ এজন চতুৰ ও বিচক্ষণ যোদ্ধা। তেওঁ হয়তো বাবৰক তাকৰীয়া সৈন্যৰে সৈতে চহৰৰ ভিতৰত প্ৰবেশ কৰিবলৈ দি সমগ্ৰ শক্তিৰে তেওঁৰ ওপৰত জঁপিয়াই পৰিবলৈ জালপাতি ৰৈ আছে। যদি বাবৰে ভবামতেই শৈৱানী খাই পৰিকল্পনা কৰি ৰৈ আছে তেনেহ'লে চহৰৰ ভিতৰত প্ৰবেশ কৰিলে তেওঁৰ এজন সেনাও প্ৰাণ লৈ উভতি অহাটো সম্ভৱ নহ'চহৰৰ ভিতৰতো শৈৱানী খাঁৰ সেনা বাবৰৰ সেনাতকৈ বহু বেছি। তদুপৰি চুলতান আলীৰ বহু সেনা পৰিস্থিতিৰ মেৰপাকত পৰি শৈৱানী খাঁৰ বশ্যতা স্বীকাৰ কৰিছে। ইফালে সমগ্র মাউৰা উন্নহৰৰ পৰা তৈমূৰে প্ৰতিষ্ঠা কৰা নতুন ৰাজবংশ উৎখাত কৰাৰ কাৰণে শৈৱানী খাই দৃঢ় সংকল্প লৈ আছে। গতিকে বাবৰে যদি কেনেবাকৈ শৈৱানী খাঁৰ হাতত ধৰা পৰিব লাগে, তেনেহ'লে প্ৰাণলৈ উভতি অহাটো কেতিয়াও সম্ভৱ নহ'ব৷

    এইবোৰ কথা গুণা-গঁথা কৰি বাবৰ কিছু বিচলিত হৈ উঠিল আৰু মুখা-মুখি সমৰৰ পৰিকল্পনা ত্যাগ কৰি ৰাতিৰ অন্ধকাৰত অতর্কিত আক্ৰমণৰ সিদ্ধান্ত ল'লেতেওঁ আৰু দৃঢ় সিদ্ধান্ত ল'লে, যে প্রয়োজন হ'লে তেওঁ যুদ্ধত প্ৰাণ বিসর্জন দিব; কোনো পৰিস্থিতিতে তেওঁ শৈৱানী খাঁৰ হাতত ধৰা নিদিয়ে

    ভবামতেই বাবৰে এদিন ঘোপমৰা আন্ধাৰ ৰাতি নদী-নলা, সুঁতি, পানীপূর্ণ খাল পাৰ হৈ চমৰকন্দৰ ফালে আগবাঢ়িল। সৌভাগ্যবশতঃ প্ৰচণ্ড শীত পৰাত ৰাস্তা-ঘাট একেবাৰে জনশূন্য আছিলতেওঁলোকে নির্বিঘ্নে আহি মগাক পুল পালেহি। মগাক পুলৰ পৰা চহৰ অনতিদূৰত অৱস্থিত। দুদিন আগতে বাবৰে মগাক পুলটো নিৰীক্ষণ কৰিবলৈ কেইজনমান বিশ্বস্ত সেনা পঠাইছিল আৰু সিহঁতক দুৰ্গৰ দেৱাল বগাবলৈ মজবুত জখলা কেইটামান তৈয়াৰ কৰি ৰাখিবলৈ নিৰ্দেশ দি পঠিয়াইছিল। সেনা কেইজনে নির্দেশ অনুসৰি সিহঁতৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি বাবৰৰ কাৰণে অপেক্ষা কৰি ৰৈ আছিল৷

    সেনা কেইজনৰ পৰা সকলো কথাৰ ভূ-লৈ বাবৰে নিজৰ বাহিনীক দুটা দলত বিভক্ত কৰিলে।

    নুয়ান কুশল দাসৰ নেতৃত্বত আশীজনীয়া এটা দল ঘোঁৰা এৰি জখলালৈ খোজকাঢ়ি বাবৰৰ নিৰ্দেশত নিশ্চিত বিপদৰ ফালে আগবাঢ়ি গ'ল৷ আনটো দললৈ বাবৰে লুকাই চুৰকৈ ফিৰোজা দৰজাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। ফিৰোজা দৰজাৰ ওচৰলৈ আহি তেওঁলোকে গছ-গছনিৰ আঁৰলৈ জখলা লৈ যোৱা সেনাকেইজনৰ সংকেতৰ অপেক্ষাত উদ্বিগ্নভাবে ৰৈ থাকিল ।

    নীৰৱ নিস্তব্দ। চৌদিশে যেন বিৰাজ কৰিছে বিষন্ন ভয়াল কবৰৰ নিস্তব্দতা। ভয়ংকৰ ভয়াল অন্ধকাৰে যেন তাৰ হিংস্ৰ হাতোঁৰা মেলি সমগ্ৰ চহৰ গ্ৰাস কৰি পেলাইছে। বাবৰহঁত থিয় হৈ থকা ঠাইডোখৰত গছ-গছনিৰ ছাঁ পৰি অন্ধকাৰ অধিক নিবিড় ও ভয়াল কৰি তুলিছিল। এজাক ঘন কলা ডাৱৰ দুৰ্গ-দেৱালৰ ওপৰত ওপঙি ৰৈ থকাৰ ফলত দেৱালটো অস্পষ্টভাবেহে তেওঁলোকৰ চকুত পৰি আছিল ।

    সদায় থকাৰ দৰে কাশিম বেগ বাবৰৰ ওচৰতে ৰৈ আছিল। তেওঁ অত্যধিক উত্তেজনাত ঘন ঘনকৈ উশাহ-নিশাহ লৈ আছিল। বাবৰ নিজেও শ্বাসৰোধী আতংক উত্তেজনাত নির্বাক নিস্পন্দ হৈ উৎকণ্ঠিতভাবে ৰৈ আছিল ।

    চাৰিমাহ আগতো বাবৰে এনেকুৱা এটা অভিযান চলাইছিল। সিদিনাৰ ৰাতিৰ অন্ধকাৰো এনেকুৱাই নিবিড় আছিল। তেওঁলোকে সিদিনা খাজা য়াহয়্যা দৰজাত দুৰ্গদ্বাৰ খুলি দিয়াৰ অপেক্ষাত এনেকৈয়ে ৰৈ আছিল; কিন্তু শত্ৰু সেনাই তেওঁলোকৰ উপস্থিতিৰ উমান পাই ধাৰাষাৰে তীৰ বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল।

    সিদিনা বাবৰৰ বহু সেনা শৰাঘাতত আহত হৈছিল আৰু সিহঁতৰ যন্ত্ৰণা বিকৃত চিঞৰ ৰাতিৰ অন্ধকাৰত গুজৰি গুমৰি উঠিছিল। নিজৰ সৈন্যৰ যন্ত্ৰণা কাতৰ চিঞৰ আৰু শত্ৰু সেনাৰ উত্তেজিত গালি-শপনিৰ মাজত বাবৰে সিদিনা নিৰাশ মনেৰে নিজৰ ছাউনীলৈ উভতি গৈছিল। সেই স্মৃতি আজিলৈকে তেওঁৰ মনত সজীৱ হৈ আছে।

    ঠগ-প্ৰৱঞ্চনা, বিশ্বাস-অবিশ্বাস, প্রকাশ্যে-অপ্রকাশ্যে চোৰৰ দৰে লুকাই আক্ৰমণ, নিজৰ সেনা আৰু শত্ৰু সেনাৰ মৃত্যু, জয়-পৰাজয়, ৰাজনীতি তথা সমগ্র মাউৰা উন্নহৰ একসূত্রে আৱদ্ধ কৰাৰ চিন্তা-ভাবনা আদিৰে বাবৰৰ সমগ্ৰ জীৱন পৰিপূৰ্ণ আছিল। উৎকণ্ঠা-বিপর্যয়,  জয়-পৰাজয় আছিল তেওঁৰ জীৱনৰ নিত্য সহচৰ।

    গতিকে আগৰ বাৰৰ ব্যৰ্থতাৰ তিক্ত অভিজ্ঞতাই এইবাৰ বাবৰক অধিক সতর্ক হ'বলৈ বাধ্য কৰাইছে। সিবাৰতকৈ এইবাৰ বাবৰৰ সেনা সংখ্যা বহু তাকৰ এইবাৰ মাথোন দুশ চল্লিশজন সেনালৈয়ে তেওঁ এই দুঃসাহসী অভিযানৰ বাবে সাজু হৈছে। অথচ দেৱালৰ সিপাৰে ৰৈ আছে পাঁচশ শত্ৰু সেনা আৰু অনতিদূৰত ৰৈ আছে পাঁচ হাজাৰ সেনা;  হয়তো তাতকৈও অধিক হ'ব পাৰে!

    আগৰ বাৰৰ দৰে যাতে এইবাৰো নিজৰ সমৰ্থকসকল নিৰাশ হৈ উভতি যাব লগা নহয় তাৰবাবে বাবৰে সেনাসকলক কঠোৰভাবে সতৰ্ক কৰি দিছে। বাবৰৰ মনোভাব উপলব্ধি কৰিব পাৰি সেনাসকলো নির্বাক নিস্পন্দভাবে মাটিৰ মূৰ্তিৰদৰে নিশ্চল হৈ শাৰী পাতি থিয় হৈ আছে। উত্তেজনা উৎকণ্ঠাত প্ৰতিজন চিপাহীৰে শিৰা-উপশিৰা স্ফীত হৈ উঠিছেবর্শাফলকৰ দৰে দৃঢ় ও তীক্ষ্ণ হৈ উঠিছে মনোবল। হয় মন্ত্ৰৰ সাধন, নহ'লে শৰীৰ পতন। এই মনোভাব লৈয়ে সিহঁতে মৃত্যু ভয় জয় কৰিবলৈ সক্ষম হৈছে।

    কিন্তু জয় কাৰ বাবে অপেক্ষা কৰি আছে সেই কথা ঠাৱৰ কৰা খুবেই কঠিনবাবৰৰ বাবে, নে শেৱানী খাঁৰ বাবে?

    বাবৰৰ সেনাবোৰে এই দুঃসাহসিক অভূতপূৰ্ব সিদ্ধান্ত লোৱাৰ বাবে বাবৰক বাৰে বাৰে নিষেধ কৰিছিল। চমৰকন্দ জয়ৰ আশা ত্যাগ কৰি আন্দিজানলৈ উভতি যোৱাই বুদ্ধিমানৰ কাম হ'ব বুলি বহুতে তেওঁক পৰামৰ্শ আগবঢ়াইছিল।

    কিন্তু বাবৰে জানিছিল, যোজনা ত্যাগ কৰি আন্দিজানলৈ উভতি যোৱা মানে তনৱালৰ হাতৰ পুতলা হৈ জীয়াই থকাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ বাহিৰে আন একো নহয়। স্বাধীনচেতীয়া বাবৰে তনৱালৰ দৰে এজন প্ৰৱঞ্চকৰ হাতৰ পুতলা হোৱাৰ বাবে আত্মসমৰ্পণ কৰিব নোৱাৰে। তদুপৰি প্ৰচণ্ড ঠাণ্ডাৰ মাজত ইমান দূৰ আগবাঢ়ি আহি বিনাযুদ্ধে উভতি যোৱাটোও সহজ নহয়। শত্ৰুৰ ভয়ত পলাই যোৱা! নাই নাই ই কেতিয়াও সম্ভৱ নহয়বাবৰ সিমান কাপুৰুষো নহয়৷ জন্মিলে মৃত্যু অনিবার্য। ই নিয়তিৰ অমোঘ বিধান। আঁঠুকাঢ়ি জীয়াই থকাতকৈ থিয় হৈ মৰাও উত্তম। তেওঁ যুদ্ধ কৰিহে মৰিব, আঁঠুকাঢ়ি জীয়াই নাথাকে। বাঘৰ দৰে শৈৱানী খাঁৰ ওপৰত জঁপিয়াই পৰি তেওঁ বিজয় সুনিশ্চিত কৰিব। এয়াই বৰ্তমান বাবৰৰ জীৱন পণ দৃঢ় প্রতিজ্ঞা

    বাবৰে ঠিক কুকুৰনেচীয়া বাঘৰ দৰে শৈৱানী খাঁৰ ওপৰত জঁপিয়াই পৰিব৷ কুকুৰনেচীয়াই চিকাৰীৰ জালৰ পৰা নিজক বচাই চিকাৰৰ ওপৰত জঁপিয়াই পৰিব জানে। বাবৰেও তাকেই কৰিব। শৈৱানী খাঁৰ জালৰ পৰা নিজক বচাই তেওঁ চিকাৰৰ ওপৰত জঁপিয়াই পৰিব এয়াই বাবৰৰ বৰ্তমান মনোভাব। এই মনোভাবে তেওঁৰ মনোবলো বহুগুণে বঢ়াই তুলিছে।

    বাবৰে কাণ থিয় কৰি সংকেতৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে।

    ৰাতি! ভয়াল অন্ধকাৰ !! সীমাহীন নিস্তব্ধতা ! ! ! প্ৰেতৰ দৰে থিয় হৈ আছে চমৰকন্দ চহৰ। একমাত্র জিলীৰ চিঞৰৰ বাহিৰে কতো কোনো সাৰসুৰ নাইচৌদিশে বিৰাজ কৰিছে মাথোন ভয়াল নিস্তব্ধতা।

    বাবৰৰ হৃদপিণ্ড জোৰে জোৰে ঢপঢপাবলৈ ধৰিলেতেওঁৰ অনুমান হ', বুকুৰ ঢপ্‌ঢপনি যেন তেওঁৰ ভাগ্যনামৰ ঘোঁৰাৰ খুৰাৰ শব্দ

     নুয়ান কুশল দাসৰ নেতৃত্বত অহা আশীজনীয়া দলটো পুৰণি চফৰদীজ কবৰগাহ পাৰহৈ অপেক্ষাকৃত এডোখৰ মুকলি ঠাইৰ মাজেৰে পাৰহৈ আছিল। সময় বাগৰাৰ লগে লগে সিহঁতৰ মূৰত থকা জখলাৰ বোজাবোৰ গধুৰ হৈ আহি আছিল। ফলত বোজাৰ ভৰত সিহঁতে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে।

    সন্তৰ্পণে মেকুৰীৰ দৰে নিঃশব্দে সিহঁত আগবাঢ়ি আছিলহঠাৎ সিহঁত এটা দ খালৰ মাজেৰে যাব লগা হ'ল। খালৰ তলিভাগ ওখোৰা মোখোৰা আছিলগতিকে সিহঁতে খোজকঢ়াত অস্বস্তি অনুভৱ কৰি আছিল।

    তাহিৰজানে হঠাৎ এঠাইত উজুটি খাই ভোৰভোৰাই উঠিল। তাৰ এই ফালেদি অহাৰ মুঠেই ইচ্ছা নাছিল। লগৰীয়া কেইজনমানৰ কাৰণেহে সি এইফালেদি আহিব লগা হৈছে। সিহঁত যাব খোজা গন্তব্যস্থানলৈ যোৱাৰ বাবে এটা সূচল আৰু চুটি বাট আছিল। কিন্তু লগৰীয়া কেইজনে অন্ধবিশ্বাসৰ চিকাৰ হৈ সেইটো বাটত থকা এটা গুহা এৰাই এইফালেদি আহিবলৈ তেওঁক বাধ্য কৰাইছে। গুহাটো হ'ল এটা পৰিত্যক্ত কবৰগাহ। গুহাটোত পূৰ্বতে ৰাজদ্রোহত দোষীসকলক জীৱন্ত কবৰ দিয়া হৈছিলগতিকে সেইবোৰ অতৃপ্ত আত্মাই তালৈ যোৱা মানুহবোৰক জীৱন্তে উভতি আহিবলৈ নিদিয়ে বুলি জনশ্রুতি এটা প্রচলিত আছে। ফলত ৰাতি তালৈ মানুহ যোৱাতো দূৰৰ কথা দিনতো মানুহ যাবলৈ ভয় কৰে। গতিকে সিহঁতে ভয়ত সেই গুহাটো এৰাই খালটোৰ ওখোৰা-মোখোৰা তলিৰে খোজকাঢ়িব লগা হৈছে।

    সিহঁতে এটা সময়ত আহি গন্তব্যস্থান পালেহি। গন্তব্যস্থানলৈ আহি সিহঁতে দুৰ্গ-দেৱাললৈ চাই পঠিয়ালে। গঁড়খাৱৈৰ তলি ভাগৰ পৰা দুৰ্গ-দেৱাল প্ৰেতৰ দৰে অনুমান হ'বলৈ ধৰিলে সিহঁতৰ মনততথাপি সিহঁতে মৰসাহ কৰি গঁড়খাৱৈৰ এঢলীয়া ঢাল বগাই ওপৰলৈ উঠিবলৈ ধৰিলে। এঢলীয়া গা কাঁইটীয়া জোপোহানিৰে পৰিপূৰ্ণ আছিল। সিহঁতে অশেষ কষ্ট আৰু ধৈৰ্যৰে সৈতে গঁড়খাৱৈৰ ঢাল বগাই এটা সময়ত গঁড়খাৱৈৰ পাৰলৈ উঠি আহিল  

    সৈন্যবোৰ পথ শ্ৰমত এনেয়ে ঘামত তিতি-বুৰি উঠিছিল। ঢাল বগাই উঠি অহাত সিহঁতে অধিক পৰিশ্ৰান্ত অনুভৱ কৰিবলৈ ধৰিলে । পথশ্ৰমৰ ক্লান্তিৰ লগতে আসন্ন বিপদৰ আশংকাতো সিহঁতৰ উশাহ-নিশাহৰ গতি খৰ হৈ উঠিল। দুৰ্গ-দেৱাল গঁড়খাৱৈৰ পাৰতে আছিল। গতিকে ঢাল বগাই পাৰলৈ উঠিয়ে সিহঁতে জখলাবোৰ মূৰৰ পৰা নমাই দেৱালৰ কাষত থ'লে। নুয়ান কুশল দাসে সৈন্য কেইজনৰ নেতৃত্ব দি আছিল। তেওঁ পথশ্ৰমত ক্লান্ত সৈন্যবোৰক খন্তেক বিশ্ৰাম ল'বলৈ সুযোগ দিলে। বিশ্রাম লোৱাৰ সুযোগতে সিহঁতে দেৱালৰ উচ্চতা নিৰীক্ষণ কৰিবলৈ ধৰিলে।

    শিল আৰু ইটাৰে গঁথা দেৱাল দেখাত প্রায় এডাল ওখ গছৰ সমান ওখ দেখা গৈছিলদেৱালৰ উচ্চতা দেখি দুৰ্গৰ বিষয়ে জ্ঞান নথকা কেইজনমান সেনা ভয়ৱিত হৈ উঠিল। কিন্তু দেৱালৰ বিষয়ে নুয়ান কুশল দাস ভালদৰে উপলব্ধ আছিলসি সন্ত্রস্ত সেনা কেইজনক আশ্বাস দিবলৈ ক'লেভয়ৰ কাৰণ নাই । দেৱাল যিমান ভয়ংকৰ দেখা গৈছে আচলতে সিমান ভয়ংকৰ নহয়। দেৱালৰ উপৰি ভাগ আহল-বহল। দুজন মানুহ স্বচ্ছন্দ্যে একেলগে ফুৰিব পৰা ধৰণে প্ৰশস্ত

    আশীজন সেনা মুৰগীৰ পোৱালিৰ দৰে ইজনে সিজনৰ গাত গা লগাই নিঃশব্দে বহি আছিলসিহঁতৰ উশাহ-নিশাহৰ শব্দৰ বাহিৰে কোনো ধৰণৰ শব্দ নাছিল ঠাই ডোখৰত। নৈঃশব্দৰ পটভূমিত কবৰৰ নিস্তব্ধতা বিৰাজ কৰি আছিল চৌদিশে।

    নুয়ান কুশল দাসে চাৰিওফালে সতর্ক দৃষ্টি মেলি মেকুৰীৰ দৰে খোজত দেৱালৰ কাষলৈ আহি দেৱালত কাণ লগাই থিয় হৈ দেৱালৰ সি প্ৰান্তৰ অৱস্থাৰ বুজ ল'বলৈ যত্নপৰ হ'ল৷

    দেৱালৰ সি প্ৰান্তত বৰ্তমান কি হৈ আছে ? শত্ৰুৰ আসন্ন আকস্মিক আক্রমণ প্রতিহত কৰাৰ বাবে কিমান সৈন্য পহৰাত নিয়োজিত হৈ আছে? দেৱালত কাণ লগাই এইবোৰ কথাৰ বুজ ল'বলৈ তেওঁ চেষ্টা চলালে ।

    নুয়ানৰ অনুমান হ', দেৱালৰ সি প্ৰান্তত নীৰৱ নিস্তব্ধ৷ জনপ্ৰাণীৰ কোনো সাৰসুৰ নাই । ৰাতি পহৰাৰ দায়িত্বত থকা সেনাবোৰো হয়তো প্রচণ্ড শীতৰ কবলৰ পৰা ৰক্ষা পাবলৈ নিজৰ নিজৰ বাহৰত নিশ্চিন্ত মনে শুই সুখ-স্বপ্নত বিভোৰ হৈ আছে! কুশল দাসে ভাবিলে, সি অনুমান কৰাৰ দৰেই যদি সি প্ৰান্তৰ পৰিস্থিতি হৈ আছে তেনেহ'লে অভিযান আৰম্ভ কৰাৰ এয়াই সুৱৰ্ণ সুযোগ!

    নুয়ান কুশল দাসে লগৰীয়া সেনাকেইজনক উদ্দেশ্য কৰি আদেশৰ সুৰত ক'লেজখলাবোৰ দেৱালত স্থাপন কৰি জখলা বগাই ওপৰলৈ উঠি যোৱা । কাৰণ আমাৰ অভিযান আৰম্ভ কৰাৰ এইয়াই সম্ভবতঃ উপযুক্ত সময়।

    নুয়ানৰ আদেশ পাই সেনাবোৰৰ চকুত আতংকিত ভাব ফুটি উঠিল ৷ সিহঁতে হতাশভাবে দেৱালৰ ওপৰলৈ চাই পঠিয়ালে। সিহঁতৰ মনত মৃত্যু ভয়ৰ দৰেই ভয়ংকৰ বুলি অনুমান হ'ল দেৱালৰ উচ্চতা। ত্রিশ হাততকৈও বেছি ওখ দেৱাল । কেনেবাকৈ সৰি পৰিব লাগিলে হাড়-মাংস একাকাৰ হৈ যাব। পহৰীয়া সেনাবোৰে সিহঁতৰ উপস্থিতিৰ কথা গম পাই জখলা ঠেলি দিলেতো কথাই নাই। তদুপৰি প্রচণ্ড শীতৰ প্ৰকোপত হাত-ভৰিৰ শিৰা-উপশিৰাও স্বাভাৱিকতে টন্‌টনাই আছিল। সেই অৱস্থাত জখলা বগাই ওপৰলৈ উঠাটোও প্ৰায় অসাধ্য কাম আছিল ৷ গতিকে সেনাবোৰে উদ্বিগ্ন হতাশাৰ চিকাৰ হৈ নুয়ানৰ আদেশ শুনিও নুশুনাৰ ভাও জুৰি নির্বাক নিস্পন্দ হৈ মাটিৰ পুতলাৰ দৰে থিয় হৈ থাকিল ।

    সেনাবোৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই নুয়ানে নিজেই আগবাঢ়ি জখলাৰ ওচৰলৈ আহিল৷ সি দেৱালত জখলা স্থাপন কৰি প্ৰথমটো থাকত ভৰি দি সেনা কেইজনলৈ উদ্দেশ্য কৰি উপদেশৰ সুৰত ক'লেজন্মিলে মৃত্যু অনিবার্য। কেতিয়াবাতো মৰিবই লাগিব, গতিকে আজিয়ে নমৰো কিয়! মই আগতে উঠিছোঁ, মোৰ পিছে পিছে বাকীবোৰ উঠি আহা। এইদৰে কৈয়ে নুয়ানে জখলা বগাই ওপৰলৈ উঠিবলৈ ধৰিলে।

    নুয়ানৰ আহ্বানত উদ্বুদ্ধ হৈ তাহি জানেও আন এটা জখলা স্থাপন কৰি নুয়ানৰ প্ৰায় সমানে সমানে ওপৰলৈ উঠিবলৈ ধৰিলে ।

    জখলাবোৰ কেইবাজনো একেলগে উঠিব পৰা ধৰণে মজবুত আছিল। নুয়ান আৰু তাহিৰজানক উঠা দেখি বাকী সেনাবোৰেও সিহঁতৰ পিছে পিছে জখলা বগাবলৈ ধৰিলে।

    নুয়ান আটাইৰে আগত আহি দেৱালৰ ওপৰত উঠিল। সি সতর্ক দৃষ্টি মেলি দুৰ্গৰ ভিতৰ ভাগলৈ চাই পঠিয়ালে। সন্দেহজনক কোনো দৃশ্য তাৰ চকুত নপৰিলজনপ্ৰাণীৰ চিহ্ন মাত্রও নাই ৰাস্তাবোৰতদেৱালৰ ওপৰতো কোনো জনপ্রাণী চকুত নপৰিল তাৰদেৱালৰ উপৰিভাগ বেচ প্রশস্ত। এজন অশ্বাৰোহী অনায়াসে ঘোঁৰা চেঁকুৰাই যাব পৰা ধৰণে প্ৰশস্ত ৷

    তাহিৰজানেও ইতিমধ্যে দেৱালৰ উপৰি ভাগ পাইছিলহিসি তাৰ কাষত থকা সেনাজনক উদ্দেশ্য কৰি ফুচফুচাই ক'লেকুঠাৰ ক'? তোমাৰ ওচৰত আছে নেকি?

    সেনাজনে মুখেৰে কোনো শব্দ নকৰি কঁকালৰ পৰা কুঠাৰ খুলি তাহিৰজানৰ হাতত দিলেকাৰণ কুঠাৰখন সেনাজনে কঁকালত বান্ধি আনিছিল

    আটাইকেইজন দেৱালৰ ওপৰলৈ উঠি অহাৰ পাছত দুৰ্গ শিখৰৰ পৰা তললৈ নামি যোৱা জখলা বিচাৰি ওলালকাৰণ দুৰ্গ শিখৰলৈ উঠা-নমা কৰাৰ বাবে ভিতৰফালে জখলা স্থাপন কৰাই আছিল। সিহঁতে বেছি বিচাৰিব লগা নহ'ল । কিছুদূৰ অহাৰ পাছতে সিহঁতে তললৈ নামি যোৱাৰ কাৰণে জখলা পালে নুয়ান আৰু তাহিজান জখলা বগাই প্রথমতে নামিবলৈ ধৰিলে। সিহঁতৰ পিছে পিছে আটাইকেইজন সেনা দুৰ্গৰ ভিতৰলৈ নামি আহিল

    দুৰ্গৰ ভিতৰত নমাৰ পাছত প্ৰত্যেকে সষ্টম হৈ উঠিল। মৃত্যু ভয় পর্যন্ত পাহৰি গ'ল সিহঁতে। দ্রুত অথচ অতি সন্তর্পণে সিহঁতে ফিৰোজা দৰজাৰ ফালে আগৰ সিদ্ধান্ত মৰ্মে আগবাঢ়িবলৈ ধৰিলে

    দুৰ্গৰ ভিতৰফালে এটা নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে একো একোটা পহৰা চকী। সিহঁত তেনেকুৱা এটা পহৰা চকীৰ ওচৰলৈ অহাৰ লগে লগে শৈৱানী খাঁৰ কোনোবা এজন সেনাই টোপনি জড়িত কণ্ঠত ক'লেএই এৰিস্থায়, তই ক'ত মৰিবলৈ গৈছ? তোৰ কাৰণে ৰখি ৰখি আমনি লগাত আমি লাগি গৈছোঁ। সোনকালে আহ।

    নুয়ান উদ্বিগ্নভাবে নিশ্চল হৈ ৰৈ গ'সি আটাইৰে আগে আগে আহি আছিল। সি ৰৈ যোৱা দেখি বাকী সেনাবোৰো থমকি ৰ'ল। উত্তেজনাত আটাইৰে তেজৰ গতি খৰস্ৰোতা নদীৰ সোঁতৰ দৰে কোবাল হৈ উঠিল। উৎকণ্ঠাত আটাইৰে বুকু দুৰু দুৰুকৈ কঁপি উঠিল৷ মুহূৰ্তৰ ভিতৰতে নুয়ানে নিজক চম্ভালি লৈ হাতৰ মুঠিত ধৰি থকা কুঠাৰ টানকৈ ধৰি ক'লেইয়াতে আছোঁ। আহি আছোঁ ৰ

    কোন তুমি ? পহৰা চকীৰ ভিতৰৰ পৰা কোনোবাই সন্ধিগ্ধ কণ্ঠত সুধিলে।

    নুয়ানে প্রশ্নৰ কোনো ধৰণৰ উত্তৰ নিদি হাতৰ মুঠিত কুঠাৰখন টানকৈ ধৰি বাঘৰ দৰে স্বচ্ছন্দ্য অথচ দ্ৰুত গতিত চকীৰ দুৱাৰৰ ফালে আগুৱাই গ'দুৱাৰ ঠেলি সি ভিতৰলৈ সোমাই গৈ অসংলগ্ন অৱস্থাত থকা সেনা এজনক বহি বহি টোপনিয়াই থকা দেখিলে। ক্ষণকাল বিলম্ব নকৰি সি সেনাজনৰ মূৰ লক্ষ্য কৰি কুঠাৰ চলালেবিকট চিঞৰ মাৰি সেনাজন তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত ঢলি পৰিল । নুয়ানৰ কাপোৰতো সেই উষ্ম তেজৰ ছিটিকনি লাগিল। লগে লগে নুয়ান ক্ষিপ্ৰ গতিত চকীৰ পৰা বাহিৰলৈ ওলাই আহিল ।

    বাহিৰলৈ ওলাই আহিয়ে নুয়ানে উত্তেজিত কণ্ঠত চিঞৰি ক'লেতাহিৰজান, তুমি ফিৰোজা দৰজাৰ ফালে আগবাঢ়াতাহিৰক এইদৰে আদেশ দিয়ে নুয়ানে দহজন সেনালৈ আন এটা চকীৰ ফালে আগুৱাই গ'ল ।

    তাহিৰজানে বাকীবোৰ সেনাক তাৰ পিছে পিছে আহিবলৈ নিৰ্দেশ দি চকুৰ পচাৰতে সি দুটা চকী পাৰ হৈ ফিৰোজা দৰজাৰ ওচৰলৈ আহিল ।

    ফিৰোজা দৰজাৰ পহৰাৰ দায়িত্বত আছিল ফাজিল তৰ খাঁ নামৰ বেগ এজন । তাৰ অধীনত ডেৰশ সেনা আছিল । প্ৰায়বোৰ সেনা নিজৰ দায়িত্বৰ ফালে পিঠি দি নিজৰ নিজৰ কোঠালিত নিশ্চিন্ত মনে শুই আছিল। মাথোন বিশজন সেনাহে পহৰাৰ দায়িত্বত নিয়োজিত আছিল। পহৰাৰ দায়িত্বত থকা কেইজনো অলসভাবে কলমটিয়াই আছিল। তাহিৰজানক দেখি সিহঁতৰ মাথোন এজনেহে তৰোৱাল দাঙি ল'বলৈ সক্ষম হ'ল। কিন্তু সি আঘাত কৰাৰ আগতেই তাহিৰে তাক কুঠাৰৰ এটা ঘাপতে সিপুৰীলৈ পঠিয়াই দিলে।

    তাহিৰজানে অস্বাভাৱিক ক্ষিপ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ ধৰিলে । সেনাজনক হত্যা কৰিয়ে সি দুৰ্গৰ দৰজাৰ ফালে আগুৱাই আহিল। দৰজাত ঘোঁৰাৰ মূৰৰ আকৃতিৰ এটা প্ৰকাণ্ড তলা ওলমি আছিল। দুহাতেৰে কুঠাৰ বাগি ধৰি সি দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি তলাটোৰ ওপৰত আঘাত হানিলে। কিন্তু প্ৰথমটো আঘাতত তলাটোৰ একো হানি-বিঘিনি নহ'ল । তলা আৰু কুঠাৰৰ সংঘৰ্ষত সৃষ্টি হোৱা ধাতৱ শব্দহে চৌদিশে ৰজনজনাই গ'ল মাথোন। পাছৰ পৰ্যায়ত তাহিৰে বলিয়াৰ দৰে তলাৰ ওপৰত উপৰ্যুপৰি আঘাত কৰি যাবলৈ ধৰিলে।

    নিহত সেনাজনৰ আৰ্তচিঞৰ আৰু তলাৰ ওপৰত উপর্যুপৰি কৰা আঘাতৰ ধাতৱ শব্দ শুনি দৰজাৰ পৰা কিছু নিলগত পহৰাৰ দায়িত্বত থকা সেনাবোৰ সচকিত হৈ উঠিল।

    ফাজিল তৰ খাঁ সেই সেনাকেইজনৰ লগত আড্ডা মাৰি আছিল। শব্দত অশুভ বাৰ্তাৰ ইংগিত পাই সি জোঁৰ আৰু সেনাকেইজন লৈ দৰজাৰ ফালে দৌৰি আহিল৷ আটাইৰে আগে আগে আহি থকা দুজন সেনাই তাহিৰক কুঠাৰ মাৰি থকা দেখি থমকি ৰৈ গ'ল । সিহঁত দুজনৰ এজনে ক্ষিপ্র হাতে শৰ-ধনু উলিয়াই লৈ তাহিৰলৈ লক্ষ্য কৰি শৰ নিক্ষেপ কৰিলে অলপৰ কাৰণে শৰ লক্ষ্যভ্রষ্ট হ'ল। শৰডাল তাহিৰৰ মূৰৰ অকণমান ওপৰেদি সন্‌সন্ কৈ উৰি আহি দৰজাৰ লোৰ শিকলিত লাগি ওফৰি পৰিল

    সেনা দুজনে পুনৰ শৰ নিক্ষেপ কৰাৰ আগতেই তাহিৰজানৰ লগত অহা সেনাই সিহঁতৰ ওপৰত জঁপিয়াই পৰি সিপুৰীলৈ পঠাই দিলে। এনেতে ফাজিল তৰ খাঁৰ নেতৃত্বত অহা বাকী সেনাবোৰো সেইখিনি পালেহি। ফলত দুয়ো দলৰ মাজত দৰজাৰ সন্মুখত খণ্ডযুদ্ধ লাগি গ'ল। খঞ্জৰ, বৰ্ণা আদি অবিৰামভাবে চলিবলৈ ধৰিলে। মৰণোন্মুখ সেনাৰ আৰ্তনাদত ঠাইডোখৰ কোলাহল মুখৰ হৈ উঠিল।

    ইতিমধ্যে নুয়ানো আহি সেইখিনি আহি পালেহি। সি অসীম বিক্ৰম আৰু স্ফূৰ্তিৰে যুঁজি তৰোৱালৰ আঘাতত ফাজিল তৰ খাঁক ধৰাশায়ী কৰিলে৷

    ইফালে তাহিৰ জানে তলা ভাঙিবলৈ উন্মত্তৰ দৰে কুঠাৰ চলাই আছিল। তাৰ কুঠাৰাঘাত কেতিয়াবা তলাত, কেতিয়াবা দৰজাৰ তক্তাত আৰু কেতিয়াবা দৰজাত লগোৱা লোৰ শিকলিত লাগি আছিল যদিও প্ৰতিটো আঘাততে দৰজাটোৰ কিবা নহয় কিবা ক্ষতি হৈয়ে আছিল। কুঠাৰৰ উপৰ্যুপৰি আঘাত সহ্য কৰিব নোৱাৰি এটা সময়ত দৰজাটো ওফৰি গৈ গঁড়খাৱৈৰ ওপৰত বাগৰি পৰিল৷ ডাঙৰ বহল দৰজাটো গঁড়খাৱৈৰ ওপৰত বাগৰি পৰি এটা সাঁকোৰ সৃষ্টি কৰিলে

    বাবৰ আৰু কাশিম বেগ সসৈন্যে গঁড়খাৱৈৰ সিপাৰে তলা খোলাৰ অপেক্ষাত সষ্টম হৈ ব্যগ্ৰভাবে ৰৈ আছিল। দৰজা ওফৰি পৰাৰ লগে লগে তেওঁলোক জাঁপ মাৰি ঘোঁৰাৰ পিঠিত উঠি তৰোৱাল কোষমুক্ত কৰি ল'লে আৰু দৰজাই তৈয়াৰ কৰা সাঁকোৰে গড়খাৱৈ পাৰ হৈ বিজুলী সঞ্চাৰে সসৈন্যে দুৰ্গৰ ভিতৰত প্ৰবেশ কৰিলে

    ইতিমধ্যে ফাজিল তৰ খাঁৰ দলৰ মুষ্টিমেয় কেইজনমান সেনাহে জীয়াই আছিলবাকীবোৰ সেনা হয় নিহত হৈছিল, নহ'লে আহত হৈ মৃত্যুৰ বাবে ক্ষণ গণি আছিল। জীয়াই থকা সেনা কেইজনে নুয়ানৰ দলত অলপ সংখ্যক সেনা দেখি উজ্জীৱিত হৈ সিহঁতৰ দলৰ সেনাবোৰক যুদ্ধৰ বাবে সাজু হৈ উঠিবলৈ সুযোগ দিয়াৰ বাবে নুয়ানৰ সেনাৰ লগত প্ৰাণপণে যুঁজি আছিল। কিন্তু বাবৰৰ নেতৃত্বত এশ ষাঠিজন অশ্বাৰোহী বাৰিষাৰ ঢলৰ দৰে একেলগে সোমাই অহা দেখি সিহঁত হত উদ্যম হৈ ভয়ত ফৰিং ছিটিকাদি পলাবলৈ ধৰিলে। কাশিম বেগে কেইজনমান সেনালৈ পলৰীয়া সেনাবোৰৰ পিছে পিছে খেদি গ'ল।

    পাছৰ ঘটনাসমূহ অধিক ক্ষিপ্ৰতাৰে সংঘটিত হ'বলৈ ধৰিলে।

    দুৰ্গৰ দুৱাৰ চাৰিখনপ্ৰতিখন দুৱাৰ ৰাতিৰ ভিতৰতে দখল লোৱা প্ৰয়োজন বুলি বাবৰে উপলব্ধি কৰিলে৷ কাৰণ শৈৱানী খাঁই অভিযানৰ বাতৰি পাই যিকোনো মুহূৰ্তত চমৰকন্দলৈ আহিব পাৰে৷ শৈৱানী খাঁ অহাৰ আগতে প্ৰতিখন দুৱাৰ নিজৰ দখললৈ আনিব নোৱাৰিলে সাপ মাৰি নেগুৰত বিহ ৰাখি থোৱাৰ লেখীয়া কথা হ'ব বুলি ভাবিলে বাবৰে । শৈৱানী খাঁৰ বিশাল বাহিনী যদি যিকোনো এখন দুৱাৰেৰে চহৰৰ ভিতৰলৈ সোমাই অহাৰ সুযোগ পায় তেনেহ'লে যুদ্ধ জয়ৰ আশা সমুলঞ্চে নাইকিয়া হ'ব আৰু জীৱনলৈয়ো সংশয়ে দেখা দিব।

    বাবৰে এইবোৰ কথা চিন্তা কৰিয়ে নিজৰ বাহিনীক চাৰিটা দলত বিভক্ত কৰি প্ৰতিটো দলক একো একোখন দুৱাৰ দখল কৰিবলৈ দায়িত্ব দিলে।

    দায়িত্ব অনুসৰি নুয়ানে দলবল লৈ গৈ 'চাৰৰাহা' দুৱাৰত আক্ৰমণ চলালে। বাবৰ নিজে কেইজনমান সেনালৈ সুজন গৰাণ' দুৱাৰৰ পহৰাৰ দায়িত্বত থকা সেনাৰ ওপৰত জঁপিয়াই পৰিল। কাশিম বেগ গ'শ্বেখজাদা' দুৱাৰৰ ফালে আৰু তাহিৰজান থাকিল ফিৰোজা দৰজাৰ সুৰক্ষাৰ দায়িত্বত

    সেনাৰ লৰা-ঢপৰা আৰু চিঞৰ-বাখৰত সমগ্ৰ চহৰ টোপনিৰ জড়তা ভাঙি জাগি উঠিল আৰু সমগ্ৰ চহৰত আতংক উৎকণ্ঠা বিয়পি পৰিল। প্ৰকৃত ঘটনাৰ উম্‌ঘাম নাপাই সাগৰত জাহাজ ডুবা নাৱিকৰ দৰে আতংকগ্রস্ত মানুহবোৰ দিশহাৰা হৈ পৰিল। চহৰখনত নিৰৱচ্ছিন্নভাবে প্রচণ্ড কিবা এটা ঘটি থকাৰ কথাহে মাথোন উপলব্ধি কৰিবলৈ সক্ষম হ'ল সিহঁতে

    শ্বেখজাদা দুৱাৰৰ পৰা অনতিদূৰত খাজা য়াহায়াৰ প্রাসাদ। শৈৱানী খাঁই চহৰ দখল লোৱাৰ সময়ত চহৰ দাৰোগা জানবফাই খাজা য়াহায়াৰ পৰা প্রাসাদটো কাঢ়ি লৈছিল। প্রাসাদৰ ৰমক-জমক কোঠালি এটাত তেওঁ গভীৰ টোপনিত লালকাল দি শুই আছিললৰা-ঢপৰা আৰু চিঞৰ-বাখৰৰ সন্মিলিত শব্দত তেওঁ টোপনিৰ পৰা সাৰ পাই জাগি উঠিল। কিন্তু টোপনিৰ পৰা হঠাৎ সাৰ পোৱাৰ কাৰণে তেওঁ ঘটনাৰ তলানলা নাপালে। ঘটনাৰ বুজ ল'বলৈ তেওঁ বিৰক্ত আৰু উৎকণ্ঠিতভাবে দৌৰি বাহিৰলৈ ওলাই আহিলবাহিৰলৈ ওলায়ে তেওঁ খেদা খোৱা শিয়ালৰ দৰে উৰ্দ্ধশ্বাসে দৌৰি থকা কিছুমান সেনাৰ পিছে পিছে চিকাৰী কুকুৰৰ দৰে এদল অশ্বাৰোহী সেনাক দৌৰি থকা দেখিলে। কোন মিত্র, কোন শত্রু সেই কথা বুজি পোৱা তেওঁৰ বাবে কঠিন হৈ পৰিল। আটায়ে চিঞৰ-বাখৰ, লৰা-ঢপৰা কৰি আছে । প্ৰাণটাকি দৌৰি পলোৱাবোৰে সিহঁতৰ পিছে পিছে খেদি যোৱা সেনাক পাৰেমানে গালি-শপনি পাৰি আছে। ফলত চৌদিশে এক আতংকজনক বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছে

    ঘটনাৰ বুজ ল'বলৈ জানবফাই তৎক্ষণাৎ ঘোঁৰা চেঁকুৰাই শ্বেখজাদা দুৱাৰৰ ফালে আহিলশ্বেখজাদা দুৱাৰলৈ তেতিয়াও বাবৰ সেনা আহি পোৱা নাছিল যদিও চৌদিশৰ বিশৃংখল পৰিস্থিতি দেখি জানবফাৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ উঠিলতেওঁ ভাবিলে, নিশ্চয় কোনো শত্রুই অতর্কিতে চহৰ আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণকাৰী নিশ্চয় বাবৰৰ বাহিৰে আন কোনো নহয়। চহৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত বুলিও তেওঁৰ উপলব্ধি হ'ল। গতিকে চ জীৱতি স্ব পলায়তি নীতি অনুসৰি তেওঁ চহৰ এৰি পলোৱাৰ সিদ্ধান্ত লৈ দ্রুত ঘোঁৰা চেঁকুৰালে৷

    দুৱাৰৰ ওচৰলৈ আহি ঘটনাৰ আকস্মিকতাত কিংকর্তব্যবিমূঢ় হৈ তেওঁ তেওঁৰ এশজনমান সেনা থিয় হৈ থকা দেখিলে। সেনাকেইজনক তেওঁ তুৰন্তে দুৱাৰ খুলি দিবলৈ নিৰ্দেশ দিলে। নির্দেশ পাই এজন সেনাই দুৱাৰ খুলি দিলে আৰু দুৱাৰ খুলি দিয়াৰ লগে লগে তেওঁ সেনাকেইজনক লগত লৈ ঘোঁৰা ঢেঁকুৰাই শৈৱানী খাঁৰ শিবিৰ অভিমুখে যাত্ৰা কৰিলে ।

    চহৰৰ মানুহবোৰ হাই-উৰুমিৰ অশুভ শব্দত আতংকিত হৈ জাগি উঠিছিল যদিও ঘটনাৰ বুজ ল'বলৈ কোনেও বাহিৰলৈ ওলাই নাহিল। আটায়ে ভয়ত শামুকৰ দৰে হাত-ভৰি গোটাই সূর্যোদয়ৰ অপেক্ষাত উদ্বিগ্নভাবে ৰৈ থাকিল ৷ ভয়ত সিহঁতে চাকি পর্যন্ত নজ্বলালে । চহৰখনত প্ৰকৃততে কি ঘটি আছে ওৰেটো ৰাতি সিহঁতে তাৰ একো তলা-নলাও নাপালে । মানুহবোৰে ভাগ্যক ধিয়াই প্রচণ্ড উৎকণ্ঠা হতাশাত পক্ষঘাতগ্ৰস্ত পংগুৰ দৰে ৰাতিটো কটাই দিলে।

    ৰাতিপুৱাৰ ভাগত কিছু কিছু সাহসী মানুহ ৰাস্তালৈ ওলাই আহিল৷ সাধাৰণ নাগৰিকসকলেও দুৱাৰ খিড়িকি খুলি বাহিৰলৈ ভুমুকিয়াই চাবলৈ ধৰিলে। সিহঁতে দেখিলে, এদল সেনাই ঢোল কোবাই কোবাই ৰাস্তাত ঘুৰি ঘুৰি উচ্চকণ্ঠত চিঞৰি ঘোষণা কৰি আছেসাধাৰণ নাগৰিকৰ কোনো ভয় নাই। বাবৰে শৈৱানী খাঁৰ সেনাক হৰুৱাই চহৰ দখল কৰিছেএতিয়াৰ পৰা চহৰ বাবৰৰ দখলত। মানুহবোৰ নিৰ্ভয়ে ৰাস্তালৈ ওলাই আহিব পাৰে ।

    ৰাতিপুৱাৰ লগে লগে বাবৰৰ এই বিজয়বাৰ্তা বনজুইৰ দৰে সমগ্ৰ চহৰত বিয়পি পৰিল। শৈৱানী খাঁৰ পৰাজয় বার্তাত মানুহবোৰ স্বাভাৱিকতে উল্লাসিত হৈ উঠিল

    শৈৱানী খাঁৰ নিষ্ঠুৰ আচৰণৰ বাবে চহৰৰ সৰহভাগ মানুহ তেওঁৰ ওপৰত অসন্তুষ্ট হৈ আছিল। তেওঁৰ নিৰ্মম অত্যাচাৰ আৰু শাসন-শোষণৰ ফলত মানুহবোৰ অতিষ্ঠ হৈ তেওঁৰ ওপৰত বীতশ্রদ্ধ হৈ উঠিছিল। শৈৱানী খাঁৰ সেনাই বহুতো শিল্পী, কাৰিগৰ আৰু সভ্ৰান্ত মানুহৰ ঘৰ-দুৱাৰ লুট-পাত কৰি সৰ্বস্বান্ত কৰিছিল। কৃষকৰ কষ্টোপার্জিত খেতি-পথাৰৰ শস্যসমূহো তেওঁৰ বিজয়োন্মত্ত সেনাবোৰে অত্যাচাৰৰ পৰা ৰেহাই দিয়া নাছিল বিজয়ী সেনাৰ ঘোঁৰাই খেতিৰ শস্য খাই মহতীয়াই ভৰিৰে গচকি মাটিৰ লগত মিহলি কৰি দিছিল। খাজা য়াহায়াৰ দৰে সমগ্ৰ চমকন্দৰ এজন গণ্যমান্য ব্যক্তিক তেওঁৰ দুই পুত্ৰসহ পাহাৰৰ ওপৰলৈ নি হত্যা কৰিছিল৷ এক কথাত ক'বলৈ গ'লেশৈৱানী খাঁই চহৰখনত এক শ্বাসৰোধী আতংকজনক পৰিবেশৰ সৃষ্টি কৰি ৰাখিছিল।

    ফলত শৈৱানী খাঁৰ শাসন ওৰ পৰাৰ আনন্দত সমগ্ৰ চহৰ উজ্জীৱিত হৈ উঠিল। বাবৰৰ বিজয় ঘোষণা কৰি মানুহবোৰ মুক্তিৰ আনন্দত ৰাজপথলৈ ওলাই আহিল

    চহৰৰ গণ্য-মান্য ব্যক্তি, ভূতপূর্ব শাসক চুলতান আলীৰ সমৰ্থক বেগসকলে বাবৰক উষ্ম অভ্যর্থনা জনালে । খাজা য়াহায়াৰ সমৰ্থক, কৃষক, কাৰিগৰ, শিল্পীসকলে কলা পতাকাৰ তলত সমবেত হৈ চহৰৰ প্ৰধান প্ৰধান ৰাস্তাত শোভাযাত্ৰা উলিয়ালে।

    শৈৱানী খাঁৰ সেনাৰ অত্যাচাৰ, উৎপীড়ন, শাসন-শোষণত জৰ্জৰিত মানুহবোৰৰ অন্তৰত আনন্দ উল্লাসৰ লগতে হঠাৎ প্ৰতিশোধৰ স্পৃহা জাগি উঠিল৷ ইমানদিনে কৰা অন্যায় অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ উন্মত্ত হৈ উঠিল সিহঁত। বাবৰৰ দুশ চল্লিশজন চিপাহীৰ লগত লগ লাগি শই শ‍ই উন্মত্ত জনতা শৈৱানী খাঁৰ পলৰীয়া সেনাবোৰক বিচাৰি অলিয়ে-গলিয়ে পিয়াপি দি ফুৰিবলৈ ধৰিলে৷

    সেয়া আছিল এক অত্যন্ত ভয়াৱহ লোমহর্ষক দৃশ্য। শৈৱানী খাঁৰ পলৰীয়া সেনাবোৰক লুকাই থকা ঠাইৰ পৰা টানি হেঁচুকি আনি ভেড়া ছাগলীৰ দৰে নিৰ্বিচাৰে হত্যা কৰিবলৈ ধৰিলে। কিছুমানক পলাই যোৱা অৱস্থাতে ধৰি আনি ছুৰী, কটাৰী, লাঠি আৰু শিল নিক্ষেপ কৰি হত্যা কৰিলে। নির্মমভাবে সংঘটিত হ'বলৈ ধৰিলে হত্যাৰ পাছত হত্যা। ৰাজপথ তেজেৰে ৰাঙলি হৈ পৰিল। মৰণোন্মুখ সেনাৰ আর্তনাদে আকাশ-বতাহ কঁপাই তুলিলে। এইদৰে প্ৰায় দুপৰলৈকে চলিল এই সেনা নিধন যজ্ঞ।

    সিফালে জানবফাৰ পৰা খবৰ পাই শৈৱানী খাঁই সমগ্ৰ বাহিনীলৈ সূর্যোদয়ৰ লগে লগে আহি চমৰকন্দত উপস্থিত হ'ল। কিন্তু তেওঁলোকে পোনপটীয়াভাবে বাবৰ সেনাক আক্রমণ নকৰি দুৰ্গৰ বাহিৰত তম্বু তৰিবলৈ ধৰিলে

    শৈৱানী খাঁৰ সেনা দেখিয়ে বাবৰে দুৰ্গ ৰক্ষাৰ কটকটীয়া সুব্যৱস্থা কৰিলে। গঁড়খাৱৈৰ ওপৰত সাঁকোৰ দৰে পৰি থকা ফিৰোজা দুৱাৰৰ দৰজা মেৰামতি কৰি পুনৰ মজবুতভাবে স্থাপন কৰিলেবাকীবোৰ দুৰ্গ দুৱাৰো বন্ধ কৰি দিলে। আসন্ন আক্রমণ প্রতিহত কৰাৰ বাবে কটকটীয়া পহৰাৰ ব্যৱস্থাও কৰা হ'ল প্ৰতিটো দুৰ্গ দুৱাৰত

    কিন্তু শৈৱানী খাঁই শেনটো হৈ আহি কেইদিনমান ছাউনী পাতি ৰৈ থাকি চমৰকন্দ আক্ৰমণ নকৰাকৈয়ে ফেঁচাটো হৈ উভতি গ'শৈৱানী খাঁ গুচি যোৱাৰ কাৰণে বাবৰ সেনাৰ লগত চমৰকন্দবাসীয়েও স্বস্তিৰ নিঃশ্বাস পেলালে।

    কেইদিনমানৰ ভিতৰতে চমৰকন্দত পুনৰ স্বাভাৱিক জীৱন আৰম্ভ হ'ল। ভয়-শংকা, আতংকৰ পৰিবৰ্তে মানুহবোৰৰ অন্তৰত পুনৰ জাগি উঠিল আনন্দময় জীৱনৰ উল্লাস কলোচ্ছ্বাস।

 

    চমৰকন্দ বিজয়ৰ কেইদিনমান পাছৰ কথা ৷

    সিদিনা ৰাতিপুৱাৰ প্ৰচণ্ড শীতৰ শেষত সোণালী ৰ'দৰ মিঠা পৰশ পাই সমগ্ৰ চমৰকন্দ চহৰ জিমিলাই উঠিছিল৷

    দালানৰ ছাদ, কেঁচা বেৰ, গছ-লতা আৰু দালানৰ ওখ ওখ গম্বুজসমূহত পৰা বৰফৰ আচ্ছাদন তেতিয়াও বগা চাদৰৰ দৰে জিলিকি আছিল যদিও কৰ্মৰ হাত বাউলিত সমগ্ৰ চহৰ এটা সময়ত কোলাহল মুখৰ হৈ উঠিল।

    বাবৰ অভিভূতৰ দৰে বোস্তান-ই-শৰাই (ৰাজ প্রাসাদ)ৰ ছাদলৈ উঠি আহিল ৷ ছাদৰ পৰা তেওঁ বৰফেৰে ঢকা চহৰৰ সৌন্দৰ্য সম্ভাৰ উপভোগ কৰিবলৈ ধৰিলেবৰফৰ মাজত ওলাই থকা গছ-গছনিৰ শাখা-প্রশাখাবোৰলৈ চাই তেওঁৰ আৰবী বৰ্ণমালাৰ স্বৰচিহ্নৰ কথা মনত পৰি গ'আৰবী বৰ্ণমালাৰ কথা মনত পৰাৰ লগে লগে আলী শ্বেৰ নবাইয়ে তেওঁলৈ লিখা পত্ৰৰ কথা মনত পৰিলকেইদিনমান আগতে চমৰকন্দ বিজয়ৰ বাবে শুভেচ্ছা জনাই আলী শ্বেৰ নবাইয়ে তেওঁলৈ পত্ৰ প্ৰেৰণ কৰিছে। আলী শ্বেৰ নবাইৰ প্ৰশংসাসূচক পত্ৰ। সেয়া আছিল তেওঁৰ বাবে এক বিৰল প্ৰাপ্তি

    পত্ৰৰ কথা মনত পৰাৰ লগে লগে গৰ্ব আৰু প্ৰসন্নতাত বাবৰৰ বুকু ফুলি উঠিল। বাবৰৰ নিজকে যেন মহৎ আৰু বিখ্যাত মানুহৰ দৰে লাগিবলৈ ধৰিলে ফলত আলী শ্বেৰ নবাইৰ দৰে এজন বিখ্যাত কবি হোৱাৰ উজ্জ্বল অনুভূতি তেওঁৰ হৃদয়ত জাগি উঠিল।

    বাবৰ দ্ৰুত তললৈ নামি আহি নিজৰ কোঠালিলৈ সোমাই আহিল। কাগজ-কলম হাতত লৈ তেওঁ ভাৱত বিভোৰ হৈ পৰিল । ভাৱনাৰ তাঁৰডালত দুটামান কলি ঝংকাৰিত হৈ উঠোঁতেই চাকৰ এজন সোমাই আহি তেওঁৰ ভাৱনাৰ ছন্দপতন ঘটালে

    চাকৰজনে দুহাত বুকুত স্থাপন কৰি ক্ষমা খোজাৰ ভংগীত ক'লেজাহাঁপনা, সেৱকৰ ধৃষ্টতা মার্জনা কৰিব

    বাবৰে বিৰক্তিত ভ্ৰূযোৰ কোঁচাই সুধিলেকি হ'?

    আপোনাৰ মাক চাহিবাই আপোনাৰ কাৰণে অপেক্ষা কৰি আছে, জাহাঁপনা ।

    সঁচা! বাবৰ আনন্দত জাঁপ মাৰি থিয় হ'আম্মাজান সঁচাকৈয়ে আহিছে নেকি?

    হয় জাহাঁপনা, আপোনাৰ বায়েক চাহিবাও আহিছে।

    মাক আৰু বায়েক অহাৰ কথা শুনি বাবৰৰ মুখমণ্ডল আনন্দোজ্জ্বল হৈ উঠিল। উচ্ছ্বসিত কণ্ঠত ক'লে তেওঁবৰ ভাল হৈছে। এইদৰে কৈয়ে তেওঁ কাগজ-কলম সামৰি থ'লে

    প্ৰায় ছমাহ ধৰি মাক আৰু বায়েকৰ লগত বাবৰৰ দেখা সাক্ষাৎ নাই। চমৰকন্দৰ শান্তি সমৃদ্ধি ঘূৰাই অনাৰ বাবে ব্যস্ত থকাৰ কাৰণে বহুদিন তেওঁ মাক আৰু বায়েকৰ তেনেকৈ খা-খবৰো ল'ব পৰা নাছিল। চমৰকন্দত শান্তিৰ বাতাবৰণ সৃষ্টি হোৱাৰ পাছত তেওঁৰ সঘনে মাক আৰু বায়েকলৈ মনত পৰি আছিল। তেওঁলোক কিছুদিন ধৰি নেপাতোলাত আছিল। গতিকে তেওঁ তেওঁলোকক চমৰকন্দলৈ লৈ আহিবৰ বাবে কেইজনমান বিশ্বস্ত সেনা কেইদিনমান আগতে নেপাতোলালৈ পঠাইছিল। সিহঁতেই অলপ আগতে মাক, বায়েক, মাহীয়েক আৰু আয়চা বেগমক লগত লৈ চমৰকন্দলৈ উভতিছে

    বাবৰে ভেকুলীৰ দৰে জাঁপ মাৰি মাৰি জখলাৰ ধাপবোৰ পাৰ হৈ প্ৰথম মহলালৈ নামি আহিল । প্রথম মহলা মহিলাসকলৰ থকা-মেলাৰ বাবে নিৰ্ধাৰিত আছিলকোঠালিটোত প্ৰৱেশ কৰিয়ে তেওঁ মাক, বায়েক, মাহীয়েক আৰু আয়চা বেগমক দেখি উচ্ছ্বসিত হৈ উঠিল।

    বাবৰে মাক, বায়েক আৰু মাহীয়েকৰ লগত কুশল বাতৰি বিনিময় কৰি অলপ নিলগত বহি থকা আয়চা বেগমৰ ওচৰলৈ আহিল। চমৰকন্দলৈ অহাৰ সময়তো তেওঁ আয়চা বেগমক লগত লৈ আহিব খুজিছিল। কিন্তু আয়চা বেগম তেওঁৰ লগত আহিবলৈ অমান্তি হোৱাতহে তেওঁ তাইক আন্দিজানত এৰি থৈ আহিবলৈ বাধ্য হৈছিল। গতিকে বহুদিন পাছত আয়চা বেগমক দেখি তেওঁ ৰোমাঞ্চিত হৈ উঠিল। উচ্ছ্বসিত কণ্ঠত তেওঁ আয়চা বেগমক স্বাগতম জনালেউষ্ম সম্বর্ধনা বেগম

    আয়চা বেগমে তাইৰ শীৰ্ণ হাত বাবৰৰ কান্ধত থৈ ক'লেমোৰ বাদচাহ, বিজয়ৰ বাবে দাসীয়ে আপোনাক শুভ কামনা যাচিছে।

    আপোনাকো শুভ কামনা বেগম। আপোনাৰ নিজৰ চহৰলৈ উভতি অহাৰ বাবে আপোনাকো শুভ কামনা জনাইছোঁ।

    আয়চা বেগমে মূৰ দোঁৱাই ক'লেইয়াৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছোঁ।

    খানজাদা বেগমে মাজতে ধেমেলীয়া সুৰত ক'লেবেচেৰী আয়চাই বাটত বৰ কষ্ট কৰি আহিছে৷ এওঁৰ বাবে বৰ্তমান ভ্ৰমণ কৰাও অসুবিধা । তথাপিও একমাত্ৰ আপোনাৰ কথা ভাবিয়ে পথশ্ৰমৰ ক্লান্তি পাহৰি ইমান দূৰ বাট কষ্ট কৰি আহিছে বেচেৰীয়ে। ইয়াৰ বাবেও বেচেৰী আয়চাই ধন্যবাদ পোৱা উচিত।

    বাবৰে বায়েকৰ কথাৰ অৰ্থ বুজিব নোৱাৰি নিৰ্বোধৰ দৰে বায়েকৰ ফালে চালেবাবৰৰ কৌতুহল দেখি খানজাদা বেগমৰ চকু-মুখত দুষ্টালি ভৰা কৌতুকৰ হাঁহি খেলি গ'ল । বায়েকৰ হাঁহিৰ অৰ্থ বুজিব নোৱাৰি বাবৰ অধিক অপ্ৰস্তুত হৈ পৰিল

    বাবৰক অপ্ৰস্তুত হোৱা দেখি খানজাদা বেগম নিজেও অপ্ৰস্তুত হৈ উঠিলজিভাৰ পানী লুকাবলৈ পাণ চোবোৱাৰ দৰে তাই নিজৰ অপ্ৰস্তুত অৱস্থা লুকাবলৈ বাবৰৰ পৰা দৃষ্টি ঘূৰাই মাকৰ ফালে চালে। মাক আৰু মাহীয়েকেও বাবৰৰ অপ্ৰস্তুত অৱস্থা দেখি ইজনৰ লগত সিজনে চকুৰ ভাষাত কথা পাতি কৌতুক কৰি থকা তাইৰ চকুত পৰিল

    আচলতে বাবৰ পিতা হ'বলৈ ওলাইছেআয়চা বেগম ছমাহৰ সন্তান সম্ভৱা৷ খানজাদা বেগমে এই সুসংবাদটোৱে বাবৰক দিব খুজিছিল। কিন্তু শেষ মুহূৰ্তত মাক আৰু মাহীয়েকৰ সন্মুখত কথাটো ক'বলৈ লাজ পাই তাই সংকোচিত হৈ উঠিছে।

    বাবৰে অসহায়ৰ দৰে আয়চা বেগমলৈ চালে। খানজাদা বেগমৰ কথাৰ ইংগিত বুজিব পাৰি আয়চা বেগম ইতিপূৰ্বেই লাজত ৰঙা-চিঙা পৰি গৈছিলগতিকে তায়ো লাজত তলমূৰ কৰিলে ।

    বাবৰৰ অনুভূতি সজাগ হৈ উঠিল। তেওঁ মাক, বায়েক, মাহীয়েক আৰু আয়চা বেগমৰ আচৰণত ৰহস্যৰ গোন্ধ পালে। তির্যক সন্ধানী দৃষ্টি মেলি তেওঁ আয়চা বেগমলৈ চালে। আয়চা বেগম আগতকৈ খীণাইছে যদিও পেটটো যেন শকত দেখা গৈছে। তেওঁ লক্ষ্য কৰিলে আয়চা বেগমৰ পেটটো কুৰ্তাৰ তলৰ পৰা সন্মুখৰ ফালে ওলাই আছে। আয়চা বেগমৰ মুখমণ্ডলো যেন অস্বাভাৱিক ধৰণে শেঁতা পৰি আছে। আয়চাৰ স্বাস্থ্য আৰু পেটৰ অস্বাভাৱিক গঠনৰ প্ৰতি লক্ষ্য কৰি আয়চা সন্তান সম্ভৱা বুলি তেওঁ উপলব্ধি কৰিব পাৰিলেৰহস্যৰ সন্ধান উলিয়াব পাৰি তেওঁ উৎফুল্ল হৈ উঠিল। কিন্তু আয়চা বেগমে গাড়ীৰ জোকাৰণিত পোৱা অসুবিধাৰ কথা ভাবি তেওঁ শংকিতও হ'ল কিছু পৰিমাণে

    বাবৰে আয়চা বেগমলৈ উদ্দেশ্য কৰি সহানুভূতিৰ সুৰত ক'লেআপোনাৰ অসুবিধাৰ কথা মই বুজিব পাৰিছোঁবৰ্তমান আপুনি সকলো অসুবিধাৰ পৰা মুক্তআপোনাৰ আৰামৰ বাবে সকলো ব্যৱস্থা কৰা হ'ব। কোনো বস্তুৰ প্ৰয়োজন হ'লে মোক নিঃসংকোচে জনাব। বোস্তান-ই-শৰাইৰ প্ৰতিটো প্ৰাণী আপোনাৰ পৰিচৰ্যাৰ কাৰণে সাজু হৈ থাকিব ।

    খানজাদা বেগমে প্ৰাণ খোলা হাঁহি মাৰি ক'লেআপোনাক বহুত বহুত ধন্যবাদআপোনাৰ প্ৰতিশ্ৰুতিৰ কথা শুনি আৰু বহুদিনৰ মূৰত আপোনাক কুশলে দেখি মোৰ আনন্দৰ সীমা আকাশ চেৰাই গৈছে।

    আপোনাৰ সেৱক ভায়েকেও আপোনাৰ লগত কথা পাতিবলৈ বহুদিনৰ পৰা ছট্‌ফটাই আছিলআপোনাক লগ পাই মোৰ আনন্দ সাগৰত অৱগাহন কৰাৰ দৰেই লাগিছে। আপাজান, আপোনালোক পথশ্ৰমত ক্লান্ত-পৰিশ্ৰান্ত। বৰ্তমান আপোনালোকৰ বিশ্ৰামৰ প্ৰয়োজন । যাওঁক, অকণমান বিশ্রাম লওঁক গৈপাছত আকৌ কথা হ'ম । মই আপোনালোকৰ বিশ্ৰামৰ কাৰণে বিছনা সাজু কৰিবলৈ হুকুম দিছোঁবাবৰে এইদৰে কৈ খন্তেক ৰৈ ধেমেলীয়া সুৰত পুনৰ ক'লেসৌৱা সৌ আকাশৰ ওপৰত। বাবৰে এইদৰে কৈ ছাদৰ ফালে চাই খিলখিলাই হাঁহি উঠিল। বাকীবোৰেও তেওঁৰ লগত হাঁহিত যোগ দিলে ।

    মাক, বায়েক, মাহীয়েক আৰু আয়চা বেগমক বিশ্ৰামৰ বাবে আগবঢ়াই থৈ বাবৰ নিজৰ কোঠালিলৈ আহি ভাৱত বিভোৰ হৈ পৰিল ।

    আজি তেওঁৰ বাবে কেনে আনন্দৰ দিন! আনন্দত তেওঁৰ গা সাতখন আঠখন লাগিবলৈ ধৰিলে। নিজৰ হৃদপিণ্ডৰ ঢপঢপনিয়েও যেন তেওঁৰ দেহ-মনত বাঁহীৰ সুৰৰ দৰে মিঠা কোমল সুৰ ধ্বনিত কৰিবলৈ ধৰিলেতেওঁৰ হৃদয়ত জীপাল হৈ উঠিল পিতৃত্বৰ নতুন পুলক ভৰা অনুভূতি। জীর্ণ-শীর্ণ আয়চা বেগমো তেওঁৰ অনুভূতিত যৌৱনৰ সুষমামণ্ডিত উজ্জ্বল দ্যুতিময়ী নাৰীৰূপে উদ্ভাসিত হৈ উঠিল। আয়চাক যেন আগতকৈও আপোন আপোন লাগিবলৈ ধৰিলে তেওঁৰ মনত। আয়চাৰ সান্নিধ্য পাবলৈ তেওঁ ব্যাকুল হৈ উঠিল। বেলিটোক দুহাতেৰে অস্তাচলৰ বাটত ঠেলি দিবলৈ মন গ'ল তেওঁৰ

    ৰাতি বাবৰ আৰু আয়চা বেগম একেখন বিছনাতে শুলে। চাকি নুমাই শোৱাৰ পাছত আয়চা বেগমে বুকুলৈকে লেপ ঠেলি দি ভৰি মেলি নিশ্চল হৈ শুই ওপৰ  ফালে চাই ৰ'ল। তাইৰ ভাৱ হ', তাই যেন সঁচাকৈয়ে ক্লান্ত-পৰিশ্ৰান্ত। তাই হঠাৎ আচ্ছন্নৰ দৰে কৈ উঠিলআপোনাৰ কাৰণে মই গৌৰৱান্বিত, মোৰ বাদচাহ

     অপ্রত্যাশিত সংযোগৰ ফলত বাবৰ চক্‌খাই উঠিল । কাৰণ তেওঁ নিজেও এই কথাকে ভাবি আছিল। তেওঁ চমৰকন্দলৈ অহাৰ আগমুহূৰ্তত আয়চাক কৈছিল— “বেগম, আমি পুনৰ চমৰকন্দত মিলিত হ'মহি

    তেওঁ নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰি নিজে নিজেই গৌৰৱবোধ কৰি আছিল। ঠিক সেই মুহূর্ততেই আয়চা বেগমে কথাষাৰ কৈছিল। এই সংযোগৰ ফলত বাবৰ অধিক আনন্দোজ্জ্বল হৈ উঠিল।

    আসন্ন পিতৃত্বৰ গৌৰৱত বাবৰ যেনেকৈ উৎফুল্লিত আয়চা বেগমো যে বাবৰৰ সন্তানৰ মাতৃ হ'বলৈ পাই তেনেকৈ গৌৰৱান্বিত, আয়চা বেগমৰ আচৰণৰ পৰা এই কথা স্পষ্টকৈ ফুটি ওলোৱাত বাবৰ অধিক পুলকিত হৈ উঠিল।

    শিশুৰ দৰে চপলতা প্রকাশ কৰি বাবৰে সুধিলেবেগম, আমি কেতিয়া সেই আহিব লগা প্রত্যাশিত দিনটোৰ আনন্দ উপভোগ কৰিব পাৰিম?

    তিনি মাহতকৈও কম সময় আছে। সময় যিমানে আগবাঢ়িছে মোৰ উৎকণ্ঠাও সিমানে বাঢ়ি গৈ আছে।

    কেনেকুৱা উৎকণ্ঠা? আপুনিতো এইমাত্র ক'লে যে, আপুনি গৌৰৱ অনুভৱ কৰি আছে।

    অৱশ্যেই গৌৰৱ অনুভৱ কৰি আছোঁ। কিন্তু সময় আগবঢ়াৰ লগে লগে বেলেগ ধৰণৰ ভয়ৰ অনুভূতি এটাও মনত সঞ্চাৰিত হৈ আছে। সেই ভয়ৰ ব্যাখ্যা ম‍ই আপোনাক দিব নোৱাৰিম । বাৰু, সেইবোৰ এতিয়া বাদ দিয়ক মই এটা কথা ভাবিছোঁ।

    কি কথা ?

    আল্লাহই যদি আমাক ল'ৰা সন্তান দিয়ে তাৰ নাম ফখৰুদ্দিন ৰাখিম বুলি ভাবিছোঁ। ভাল হবনে বাৰু?

    বাবৰে ভাবিলে, পিতৃৰ নাম জহিৰুদ্দিন আৰু পুত্ৰৰ নাম ফখৰুদ্দিন! কেনে বুদ্ধিমতী এই আয়চাজনী । পুত্ৰৰ নাম পিতৃৰ নামৰ লগত মিলাই ৰাখিব খুজিছে...

    বাবৰে আয়চাক প্ৰশংসা কৰি ক'লেফখৰুদ্দিন! কেনে ধুনীয়া নাম! কিন্তু যদি ছোৱালী হয় তাইৰ নাম ৰাখিম ফখৰুন্নিচা। ঠিক হবনে বেগম ?

     আয়চা বেগমে আচলতে পুত্ৰৰ মাক হ'ব খুজে। সিংহাসনৰ উত্তৰাধিকাৰীৰ মাক

    সেয়ে আয়চা বেগমে ক'লেআপোনাৰ কথা বাৰু মানি লৈছোঁ। কিন্তু মই আচলতে পুত্ৰ সন্তানৰ মাকহে হব খুজোঁআল্লাহই আপোনাৰ মনোবাঞ্চা পূৰ্ণ কৰক। ফখৰুদ্দিনফখৰুন্নিচা কেনে ধুনীয়া নাম ! বাবৰ ভাৱত বিভোৰ হৈ পৰিল ।

 

    দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিনএয়া মহাকালৰ অমোঘ বিধান৷ চমৰকন্দ দখলৰ পাছত বাবৰৰ জীৱনতো অন্ধকাৰ ৰাতিৰ অৱসান হৈ নতুন দিনৰ সুর্যোদয় হ'ল। লগতে উদয় হ'ল সৌভাগ্য ৰবি। তেওঁৰ জীৱনলৈ এটাৰ পাছত এটা সফলতা আহিবলৈ ধৰিলে। পূৰ্ব দিশৰ উৰ্গুল, পশ্চিম দিশৰ সোগন্ধ আৰু দবুচিয়া শৈৱানী খাঁৰ পৰা স্বতন্ত্ৰ হৈ বাবৰৰ তলতীয়া হ'

    শৈৱানী খাঁই আসন্ন যুদ্ধৰ বাবে অৰ্থ আৰু সেনাবল বৃদ্ধিৰ বাবে চমৰকন্দৰ পৰা অৱৰোধ উঠাই পিচহোঁহকি গৈ সৰু সৰু দললৈ বাবৰ সেনাক ব্যতিব্যস্ত কৰি আছিল যদিও বাবৰ সেনাই পাছমুহূৰ্ততে সেইসমূহ ঠাইৰ দখল নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈ আছিল৷

    কিন্তু কুৰ্শী আৰু খুজাৰ নামৰ দুখন চহৰ বহুদিন শৈৱানী খাঁই নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল। শৈৱানী খাঁই নিয়োগ কৰা দুজন শাসকে উক্ত চহৰ দুখনৰ শাসনভাৰ চম্ভালি আছিল। উল, সোগন্ধ, দবুচিয়া বাবৰৰ অধীনলৈ অহাৰ পাছত বাবৰৰ সেনাবল বহু পৰিমাণে বৃদ্ধি হ'গতিকে তেওঁ উৎসাহিত হৈ উক্ত চহৰ দুখনৰ দখল নিজৰ হাতলৈ অনাৰ বাবে এদল সেনা প্ৰেৰণ কৰিলেবাবৰ সেনাই অতি সহজে উক্ত চহৰ দুখন দখল কৰি নিজৰ হাতলৈ আনি শৈৱানী খাঁই নিয়োগ কৰা শাসক দুজনক খেদি পঠিয়ালে আৰু নতুন শাসক নিযুক্ত কৰিলেনৱ নিযুক্ত শাসক দুজনে নানা উপহাৰ সামগ্ৰীৰ লগতে শই শ‍ই সেনা বাবৰলৈ উপঢৌকন হিচাপে পঠালেতাৰে এদল সেনা ইতিমধ্যে চমৰকন্দ আহি পাইছে আৰু বাকী সেনাবোৰো অনতিপলমে আহি পাবহি

    উক্ত খবৰ পাই বাবৰ উৎসাহিত হৈ উঠিল। নতুন সেনা লৈ অহা বেগসকলক তেওঁ আড়ম্বৰপূৰ্ণ জাকজমক সাজ-পাৰ, আৰামদায়ক বাসগৃহ আৰু উচ্চ বেতন নিৰ্ধাৰণ কৰি দিলে।

    এইদৰে বাবৰে হেৰুৱা মৰ্যদা আৰু প্ৰতিপত্তি ওভতাই অনাৰ বাবে মনোনিবেশ কৰিলেভাগ্যলক্ষ্মী প্রসন্ন হোৱাত তেওঁ ভালেখিনি সফলতাও অর্জন কৰিবলৈ সক্ষম হ'ল এইক্ষেত্ৰত

    বিগত বছৰবোৰত চমৰকন্দৰ শাসনভাৰ এজন শাসকৰপৰা আন এজন শাসকৰ হাতলৈ বাগৰি থকাত চমৰকন্দৰ অৱস্থা সকলো ফালেদি তেনেই জুৰুলা হৈ পৰিছিলবাবৰে চহৰৰ অৱস্থা উন্নত কৰাৰ লগতে মানুহবোৰৰ মনোবল আৰু মানসিক শান্তি পুনৰ ওভতাই অনাৰ কাৰণে মনোনিবেশ কৰিলে । ইতিমধ্যে বিখ্যাত শায়েৰ আলীশ্বেৰ নবাইৰ পৰা প্ৰশংসাসূচক পত্র পাই তেওঁ উজ্জীৱিতও হৈ উঠিছিল। গতিকে তেওঁ দ্বিগুণ উৎসাহেৰে কাব্য চৰ্চাতো মনোনিবেশ কৰিলে। পত্ৰ আদান-প্ৰদানৰ জৰিয়তে আলীশ্বেৰ নবাইৰ লগত তেওঁ সুসম্পৰ্ক গঢ়ি তোলাৰ বাবেও সচেষ্ট হ'ল।

    কেইদিনমান আগতে বাবৰে আলীশ্বেৰ নবাইলৈ এখন পত্ৰ লিখিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁ পত্ৰখন সম্পূৰ্ণ কৰিব পৰা নাছিল। গতিকে তেওঁ সিদিনা পত্ৰখন লিখি সম্পূর্ণ কৰাৰ মানসেৰে লাইব্ৰেৰীলৈ গৈ আছিল।

    লাইব্ৰেৰীলৈ যোৱাৰ বাটতে বায়েক খানজাদা বেগমে তেওঁক লগ ধৰি ক'লেভাইজান, হিৰাতৰ পৰা পত্ৰ অহাটো সঁচা নেকি?

    বাবৰ থমকি ৰৈ গ''লে তেওঁ হয় সঁচা, আলীশ্বেৰ নবাইয়ে মোৰ সফলতাৰ প্ৰশংসা কৰি পত্ৰ এখন পঠাইছে।

    আলীশ্বেৰ নবাইৰ পৰা পত্ৰ অহাৰ কথা শুনি খানজাদা বেগমে প্রসন্নতা প্ৰকাশ কৰি ক'লেআলীশ্বেৰ নবাইৰ দৰে এগৰাকী মহান ব্যক্তিয়ে আপোনাক প্রশংসা পত্ৰ প্ৰেৰণ কৰা কাৰণে বহুত বহুত ধন্যবাদ

    প্ৰশংসাৰ নম্ৰতাত বাবৰ প্ৰসন্ন হৈ উঠিল আৰু খানজাদা বেগমৰপৰা অধিক কিবা শুনাৰ আশাত তেওঁ ৰৈ থাকিল। কিন্তু খানজাদা বেগমে পুনৰ একো নকৈ উদাসভাবে ৰৈ থাকিল। আচলতে তাই বাবৰৰ পৰাহে বিশেষ কিবা মহত্বপূর্ণ সমাচাৰ শুনাৰ আশাত ৰৈ আছিলএই মহত্বপূৰ্ণ সমাচাৰৰ আঁৰৰ মানুহজন আছিল ফজিলুদ্দিন। কাৰণ ফজিলুদ্দিন বৰ্তমান হিৰাতত আছেকিন্তু তাই ভায়েকৰ ওচৰত কথাটো সুধিবলৈ লাজ কৰি বিষণ্ণ হৈ উঠিল আৰু নীৰৱতা অৱলম্বন কৰিলে

    বাবৰে হতাশভাবে বায়েকৰ ফালে চালেতেওঁ অনুভৱ কৰিলে, বায়েকৰ চকু-মুখত যেন বিষন্ন কৰুণ মৌন বেদনাৰ অভিব্যক্তি ফুটি উঠিছে। বায়েকৰ হৃদয় যেন কিবা এক গভীৰ বেদনাত আচ্ছন্ন। কিন্তু কি সেই বেদনা বাবৰে উপলব্ধি কৰিব নোৱাৰিলে। এক মুহূৰ্তৰ বাবে তেওঁ কিংকর্তব্যবিমূঢ় হৈ ৰৈ থাকিল৷ পাচমুহূৰ্ততে তেওঁ নিজক চম্ভালি লৈ ক'লেআপাজান, ওপৰলৈ ব'লক। মই আপোনাক হিৰাতৰ পৰা অহা পত্ৰখন দেখুৱাম

    দুয়ো লাইব্ৰেৰীলৈ আহিল। বাবৰে আলীশ্বেৰ নবাইয়ে তেওঁলৈ লিখা পত্ৰখন বায়েকৰ হাতত দি ক'লেআপাজান, এইখনেই সেই পত্ৰ

    খানজাদা বেগমে সম্ভ্রম সহকাৰে পত্ৰখন হাতত লৈ মনোযোগেৰে পঢ়ি গ'ল।

    পত্ৰখনত বাবৰৰ প্ৰশংসাৰ লগতে হিৰাতৰ বিশিষ্ট ব্যক্তি কেইগৰাকীমানৰো কুশল বাতৰি লিখা আছিল। খানজাদা বেগমে আশা কৰা মতেই পত্ৰৰ শেষত ফজিলুদ্দিনৰ বিষয়েও লিখা আছিল। ফজিলুদ্দিনৰ বিষয়ে লিখা কথাখিনি পঢ়ি খানজাদা বেগমৰ চকুযুৰি চল্‌চলীয়া হৈ উঠিল।

    বায়েকৰ চকুত চকুপানী দেখি বাবৰৰ হৃদয় ভাৰাক্ৰান্ত হৈ উঠিল। তেওঁ বায়েকক সান্ত্বনা দিয়াৰ কাৰণে ক'লেআপোনাৰ চকুত চকু পানী কিয়, আপাজান? মইতো আপোনাক সদায় আনন্দিত হৈ থকাটো কামনা কৰোঁ

    বাবৰৰ প্ৰশ্নৰ উত্তৰত খানজাদা বেগমে একো নক'লে। তাই মাথোন অশ্রুসজল নয়নে ভায়েকৰ ফালে চাই তলমূৰ কৰিলে

    বায়েকৰ চকুত চকুপানীৰ কাৰণ যে ফজিলুদ্দিন এই কথা উপলব্ধি কৰাত বাবৰৰ অসুবিধা নহ'ল। খানজাদা বেগমে ফজিলুদ্দিনক মনে প্রাণে ভালপোৱা কথাটো বাবৰো কিছু পৰিমাণে অৱগত

    আহম্মদ তনৱালে মির্জা জাহাংগীৰৰ হৈ আন্দিজানৰ ওপৰত আক্ৰমণ চলোৱাৰ সময়ত খানজাদা বেগমৰ হৈ মাত মাতিবলৈ যোৱাৰ কাৰণে আক্রোশবশতঃ তনৱালে ফজিলুদ্দিনক বন্দী কৰাৰ কথাটো আগতেই কৈ অহা হৈছে। তনৱালৰ সেই আক্রোশৰ কাৰণো আছিল অৱশ্যে৷ কাৰণ সি খানজাদা বেগম আৰু ফজিলুদ্দিনৰ ভালপোৱাৰ কথা ভালদৰেই অৱগত আছিল। ইফালে তনৱালে নিজেও খানজাদা বেগমৰ প্ৰতি আসক্ত আছিল। খানজাদা বেগমক সি বিয়া কৰোৱাৰ বাবে এবাৰ প্ৰস্তাবো আগবঢ়াইছিল। কিন্তু খানজাদা বেগমে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল । ফলত সি খানজাদা বেগমৰ প্ৰতি মনে মনে বিদ্বেষী হৈ আছিল। খানজাদা বেগমে তাক প্রত্যাখান কৰাৰ মূলতে যে ফজিলুদ্দিনৰ প্ৰতি তাইৰ ভালপোৱাই দায়ী আছিল সেই কথা উপলব্ধি কৰিব পাৰি সি ফজিলুদ্দিনৰ প্রতিও তলে তলে বিদ্বেষী হৈ উঠিছিল। গতিকে ৰসতে নাম গাই থোৱাৰ উদ্দেশ্যে সি ফজিলুদ্দিনক বন্দী কৰি তাৰ সেই আক্রোশ চৰিতাৰ্থ কৰিছিল। হয়তো সুযোগ পালে সি ফজিলুদ্দিনক হত্যাই কৰিলেহেঁতেনকিন্তু খাজা আবদুল্লাহ আৰু তাহিৰজানৰ তৎপৰতাৰ বাবে ফজিলুদ্দিনে প্ৰাণ লৈ হিৰাতলৈ পলাই যাবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰাই ফজিলুদ্দিন হিৰাতত আলীশ্বেৰ নবাইৰ ওচৰত আছে। হিৰাতলৈ যোৱাৰে পৰা খানজাদা বেগম ও ফজিলুদ্দিনৰ মাজত দেখা-সাক্ষাৎতো দূৰৰ কথা কোনো ধৰণৰ যোগাযোগো নাছিল। গতিকে হিৰাতৰ পৰা পত্ৰ অহাৰ কথা শুনি পত্ৰখনত ফজিলুদ্দিনৰ কুশল বাতৰি লিখা থাকিব পাৰে বুলি তাই এক প্ৰকাৰ নিশ্চিত আছিল। গতিকে তাই পত্রখন পঢ়িবৰ বাবে উদগ্ৰীৱ হৈ উঠিছিল। তাই ভবামতেই পত্ৰখনত ফজিলুদ্দিনৰ কুশল বাতৰি লিখা দেখি তাই উৎপুল্ল হৈ উঠিছিল আৰু বহুদিনৰ সঞ্চিত আৱেগ তাইৰ অজানিতে চকুপানী হৈ ওলাই আহিছিল। কিন্তু তাই বাবৰৰ আগত এই দুৰ্বলতাৰ কথা প্ৰকাশ কৰিবলৈ সংকোচ কৰি আছিল। প্ৰকৃতাৰ্থত প্ৰকাশ কৰা সম্ভৱো নাছিল।

    সেয়ে খানজাদা বেগমে নিজৰ দুৰ্বলতা ঢাকিবলৈ সোনকালে নিজক চম্ভালি লৈ চকুপানী মচি কলেএই চকুলো আনন্দৰ চকুলো, ভাইজানআপোনাৰ খ্যাতি দূৰ-দূৰান্তলৈকে বিয়পি পৰাৰ কাৰণে মই আনন্দিত । আপোনালৈ মই শুভ কামনা যাচিছোঁ।

    ফজিলুদ্দিনৰ বিষয়ে লিখা কথাখিনিয়ে যে খানজাদা বেগমৰ চকুপানীৰ কাৰণ বাবৰে সেইকথা উপলব্ধি কৰিব পাৰিলে যদিও তেওঁ পোনপটীয়াভাবে কথাটো প্ৰকাশ কৰিবলৈ টান পালে। সেয়ে তেওঁ পাকে প্ৰকাৰে তেওঁলোকৰ ভালপোৱাৰ প্ৰতি সন্মতি থকা কথাটো প্ৰতিপন্ন কৰিবলৈ আৰু বায়েকক সান্ত্বনা দিবলৈ কলেআপুনি আনন্দিত হোৱাটো ময়ো মনে প্রাণে কামনা কৰোঁ। আপোনাৰ সন্তুষ্টিৰ কাৰণে মই যিকোনো কাম কৰিবলৈ প্ৰস্তুত

    কিন্তু কি কৰিব, আপোনাৰ বায়েকজনীয়ে যে দুৰ্ভগীয়া!

    কিন্তু আপোনাৰ ভায়েকেতো সকলোৰে ওপৰত বিজয় সাব্যস্ত কৰাৰ ক্ষমতা ৰাখেবাবৰে প্ৰতিটো শব্দক হাঁহি-তামচাৰ ৰূপ দিয়াৰ কাৰণে যত্ন কৰি আছিল। সেয়ে তেওঁ খন্তেক ৰৈ পুনৰ বায়েকক আশ্বাস দিয়াৰ কাৰণে ক'লেম‍ই আপোনাক সকলো প্ৰকাৰে সহায় কৰিবলৈ প্ৰস্তুত।

    মোৰ কাৰণে আপুনি বহু যাতনা সহিবলগীয়া হৈছে। সিবাৰ ম‍ই আহম্মদ তনৱালক বিয়া কৰোৱাৰ বাবে সন্মত হ'লে হয়তো সি আপোনাৰ শত্ৰু নহ'লহেঁতেন!

    খানজাদা বেগমৰ এই দ্বিধাহীন স্বীকাৰোক্তিত বাবৰ অভিভূত হৈ পৰিল৷ তেওঁৰ হৃদয়ত বায়েকৰ প্ৰতি অধিক শ্রদ্ধা ও ভক্তি উথলি উঠিল। বায়েকে কোৱা কথা অৱশ্যেই সঁচাখানজাদা বেগমে তনৱালৰ প্ৰস্তাৱত মান্তি হ'লে অৱশ্যেই তনৱালে তেওঁৰ বিৰোধিতা নকৰিলেহেঁতেন। কণ্টকহীনভাবেই তেওঁ ৰাজত্ব কৰিব পাৰিলেহেঁতেন। ইয়াত অৱশ্যেই বাবৰৰ দ্বিমত নাই। কিন্তু বায়েকে তনৱালৰ প্ৰস্তাৱত মান্তি হ'লে বায়েকতকৈ তেৱেঁই দুখ পালেহেঁতেন আটাইতকৈ বেছি। তনৱালৰ দৰে এজন নিষ্ঠুৰ, স্বাৰ্থপৰ মানুহক বায়েকৰ স্বামী হিচাপে তেওঁ মানি ল'বলৈ টান পালেহেঁতেন। খানজাদা বেগম আৰু তেওঁ একে মাকৰ গৰ্ভজাত। সেই হিচাপে খানজাদা বেগমৰ দৰে আপোন এই পৃথিৱীত তেওঁৰ কোনো নাই৷ গতিকেই বায়েকক সুখী কৰাৰ বাবে তেওঁ যিকোনো ত্যাগ কৰিবলৈ সততে প্রস্তুত।

    বাবৰে জানে, খানজাদা বেগমে তেওঁক এজন মহান আৰু বিখ্যাত শাসক হিচাপে প্ৰতিষ্ঠিত হোৱাটো মনে-প্রাণে কামনা কৰে। তেওঁৰ পূৰ্বপুৰুষসকলে বিৰাট বিৰাট মহৎ সৌধ নিৰ্মাণ কৰি থৈ গৈছে। সেইবোৰে এতিয়া সদম্ভে মূৰ দাঙি থিয় হৈ তেওঁলোকৰ গুণ-গৰিমা আৰু কীৰ্তি কাহিনী প্ৰকাশ কৰি আছে। খানজাদা বেগম শিল্পপ্রিয় গুণী মহিলাতাই বাবৰক পূৰ্বপুৰুষসকলৰ দৰে সৌধ, শিক্ষানুষ্ঠান আদি নিৰ্মাণ কৰি কীৰ্তিমন্ত শাসক হিচাপে প্ৰতিষ্ঠিত হোৱাটো কামনা কৰে। মৃত্যুৰ পাছতো যাতে সেইবোৰ কৰ্মৰাজিৰ কীৰ্তিগঁথাই বাবৰক যুগ যুগ ধৰি অমৰ কৰি ৰাখে এয়াই তাইৰ কামনা- তাইৰ মনৰ হাবিয়াস। তাই জানে, এজন শিল্পী হাজাৰজন শাসকতকৈও শ্রেষ্ঠ। শিল্পী এজন মৃত্যুৰ পাছতো তেওঁৰ শিল্পকৰ্মৰ মাজত যুগ যুগ ধৰি অমৰ হৈ থাকে। বাবৰে জানে, বায়েকে তেওঁক মৃত্যুৰ পাছতো শিল্পকৰ্মৰ মাজত অমৰ হৈ থকাটো কামনা কৰে

    গতিকে বাবৰে খানজাদা বেগমক সান্ত্বনা দিয়াৰ কাৰণে ক'লেআপাজান, তনৱাল মাথোন আপোনাৰ কাৰণেই মোৰ শত্ৰু হোৱা নাই। আচলতে তাৰ তেজত মিহলি হৈ আছে পাশৱিক প্রবৃত্তি। সাপ সদায় সাপেই। সাপক যিমানেই গাখীৰ- কল নুখোৱাওক কিয়, সি কেতিয়াও তাৰ ধ্বংসাত্মক কাৰ্যৰ পৰা নিৰস্ত নহয়

    মই কৃতজ্ঞ, বাবৰজানখানজাদা বেগমে বাবৰৰ কথাত সন্তুষ্ট হৈ আবেগত মাকৰ দৰে সম্বোধন কৰিলে ৷ কাৰণ মাকে বাবৰক মৰমত কেতিয়াবা বাবৰজান বুলি সম্বোধন কৰে৷

    আলীশ্বেৰ নবাইয়ে মোক মহৎ আৰু কীৰ্তিমান কাম কৰাৰ কাৰণে উপদেশ দি পঠাইছে। বাবৰৰ কণ্ঠস্বৰ পুনৰ ধেমেলীয়া হৈ উঠিলআমিও মাউৰা উন্নহৰ আৰু খোৰাচানৰ সৌধতকৈ অধিক গৌৰৱময় সৌধ নিৰ্মাণ কৰিম। সেইবোৰ নিৰ্মাণৰ দায়িত্ব ফজিলুদ্দিনৰ ওপৰতে ন্যস্ত কৰা হ'ব। কাৰণ সেইবোৰ কামৰ বাবে ফজিলুদ্দিনে সবাতোকৈ উপযুক্ত ব্যক্তি।

    ফজিলুদ্দিনৰ নাম শুনাৰ লগে লগে বায়েকৰ সকলো দুখ-বেদনা নাইকিয়া হ'ব বুলি বাবৰে জানে। সেয়ে তেওঁ জানি বুজি ইচ্ছাকৃতভাবে ফজিলুদ্দিনৰ নামটো উচ্চাৰণ কৰিলে

    বাবৰে ভবামতেই হ'ল। ফজিলুদ্দিনৰ নাম শুনাৰ লগে লগে খানজাদা বেগমৰ চকু-মুখত প্ৰসন্নতাৰ ঢউ খেলি গ'ল। মেঘমুক্ত জোনৰ দৰে তাইৰ মুখমণ্ডল আনন্দত উদ্ভাসিত হৈ উঠিল। তাই কৃতজ্ঞতা প্রকাশৰ লগতে বাবৰক উৎসাহিত কৰাৰ কাৰণে ক'লেমোৰ মতে, আপুনি মাউৰা উন্নহৰৰ আকাশত উজলি থকা সকলোতকৈ উজ্জ্বলতম নক্ষত্র, ভাইজানআপোনাৰ কাৰণে আমি গৌৰৱান্বিত ।

    আপাজান, আল্লাহৰ ওচৰত আপুনি এই প্ৰাৰ্থনা কৰক, যাতে ম‍ই শৈৱানী খাঁক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই পঠাই আমাৰ অভীষ্ট লক্ষ্যত উপনীত হ'ব পাৰোঁ। আল্লাই যেন অতি শীঘ্ৰেই আমাক শান্তিৰে উশাহ ল'বলৈ শক্তি দিয়ে। শৈৱানী খাঁক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই পঠিয়াব পাৰিলেই মই আপোনাৰ আকাংখা পূৰণ কৰাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিম। বাবৰে এইদৰে কৈ উশ্বত নিৰ্মাণ কৰা মচজিদৰ কথা সোঁৱৰাই দি সুধিলেআপোনাৰ মনত আছেনে আপাজান, উশ্বত আমি এইবোৰ কাম কেনেকৈ আৰম্ভ কৰিছিলোঁ?

    বাবৰৰ কথাত খানজাদা বেগমৰ স্মৃতি-পটত উদ্ভাসিত হৈ উঠিল উশ্বৰ সেই সোণালী দিনবোৰৰ প্ৰতিচ্ছবি। উশ্বত নিৰ্মিত উপাসনা গৃহৰ শিল্পকৰ্ম নিৰীক্ষণ কৰি বাবৰ অভিভূত হৈ পৰিছিল। অদূৰ ভৱিষ্যতে তেওঁ বৃহৎ বৃহৎ সৌধ নিৰ্মাণৰ প্রতিশ্রুতিও দিছিল খানজাদা বেগম আৰু ফজিলুদ্দিনৰ ওচৰতআশ্বাস পাই দুয়ো উজ্জীৱিত হৈ উঠিছিল আৰু ফজিলুদ্দিনে খানজাদা বেগমৰ লগত পৰামৰ্শ কৰি বহুতো নক্সাও আঁকিছিল। নক্সাবোৰ ফজিলুদ্দিনৰ ওচৰতে আছিল যদিও হিৰাতলৈ পলাই যোৱাৰ সময়ত তেওঁ নক্সাবোৰ খানজাদা বেগমক দিয়াৰ কাৰণে তাহিৰজানৰ হাতত দি থৈ গৈছিলফজিলুদ্দিনৰ ইচ্ছা অনুসৰি নক্সাবোৰ তাহিৰে তাইৰ হাতত দিছিল। নক্সাবোৰ এতিয়াও আছে খানজাদা বেগমৰ ওচৰত । তাই সযত্নে সেইবোৰ সংৰক্ষণ কৰি ৰাখিছে। কিন্তু ভায়েকক কথাটো কোৱা উচিত নহ'ব বুলি ভাবি তাই মাথোন ইয়াকে ক'লেভাইজান, আপোনাৰ সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আল্লাহই আপোনাক শক্তি দিয়ক। ইয়াৰ কাৰণে মই দিনে- ৰাতি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাম৷

    ইয়াৰ পাছতো বায়েক-ভায়েকে সৌধ নিৰ্মাণৰ বিষয়ে কিছু কথা আলোচনা কৰিলে। খানজাদা বেগমে ভায়েকৰ পৰা সৌধ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পাই আনন্দ মনেৰে নিজৰ কোঠালিলৈ গুচি গ'ল।

    খানজাদা বেগম কোঠালিৰ পৰা ওলাই যোৱাৰ পাছত বাবৰৰ কল্পনা বিলাসী মন কল্পনাৰ ৰথত উঠি কল্পলোকত বিচৰণ কৰিবলৈ ধৰিলে৷ কাগজ-কলম লৈ বহি অসম্পূর্ণ গজল এটা সম্পূৰ্ণ কৰিবলৈ তেওঁ গভীৰভাবে মনোনিবেশ কৰিলে৷

    শৈৱানী খাঁই ওখ টিলা এটাৰ ওপৰত থিয় হৈ সেনাসকলৰ যুদ্ধাভ্যাস প্রত্যক্ষ কৰি আছিল। তেওঁৰ চকু সেনাসকলৰ ওপৰত নিবদ্ধ আছিল যদিও মনৰ মাজত ধূমায়িত হৈ আছিল বিদ্বেষ আক্রোশৰ ধূম্রজালমনৰ চিন্তাধাৰা সাপৰ দৰে একা বেঁকা বাটত বৈ আছিল আৰু ব্যস্ত হৈ আছিল কূট-কৌশল ৰচনাতচকুত জ্বলি আছিল প্ৰতিহিংসাৰ জুইহৃদয়ত পাক খাই আছিল বিদ্বেষৰ ধুমুহা ।

    শৈৱানী খাঁ বৰ্তমান এক গভীৰ সংকটময় পৰিস্থিতিৰ কৰাল গ্ৰাসত পতিত। অদৃষ্টৰ নিৰ্মম পৰিহাসত তেওঁৰ মান-সন্মান, যশ-খ্যাতি বর্তমান ভূলুণ্ঠিত।

    শৈৱানী খাঁৰ অধীনত থকা প্ৰায়বোৰ দুৰ্গই বর্তমান বাবৰৰ দখলতবর্তমান তেওঁৰ দখলত আছে মাথোন দুটা দুর্গ। বুখাৰা আৰু স্তেপী। বুখাৰাৰ ভাগ্যও অনিশ্চিত। যিকোনো মুহূৰ্তত বাবৰৰ হস্তগত হোৱাৰ সম্ভাৱনাই অধিক।

    একমাত্র স্তেপীয়ে বৰ্তমান সুৰক্ষিত। কিন্তু তাতো সৈন্য সংখ্যা সীমিত। কাৰণ শৈৱানী খাঁ বৰ্তমান চমৰকন্দ আক্ৰমণৰ আশাত সৰহ সংখ্যক সেনা লৈ দবুচিয়াত ৰৈ আছেহি ফলত স্তেপী সুৰক্ষিত বুলি তেওঁ ডাঠি ক'ব নোৱাৰে। গতিকে বেগসকলে চমৰকন্দ আক্ৰমণৰ যোজনা ত্যাগ কৰি স্তেপীলৈ উভতি যোৱাৰ বাবেহে তেওঁক পৰামৰ্শ দি আছে। কাৰণ স্তেপী শত্ৰুৰ হস্তগত হলে তেওঁলোকৰ কাৰণে থিয় হ'বলৈ ঠাই নোহোৱা হ'ব। শৈৱানী খাঁ কিন্তু নিজৰ মতত অচল-অটলদবুচিয়া দুৰ্গ দখলৰ পাছত তেওঁৰ মনোবল বহু গুণে বৃদ্ধি পাইছেনিজৰ সৌভাগ্যৰ ওপৰতো অধিক বিশ্বাস জন্মিছে তেওঁৰচমৰকন্দ দখল কৰিবলৈ সক্ষম হ'ব বুলি তেওঁৰ বৰ্তমান দৃঢ় বিশ্বাস জন্মিছে৷ গতিকে বৰ্তমান তেওঁৰ সকলো ধ্যান- ধাৰণা, চিন্তা-চৰ্চা চমৰকন্দক কেন্দ্ৰ কৰি আৱৰ্তিত হৈ আছে। সময় যিমানে আগবাঢ়িছে তেওঁৰ আত্মবিশ্বাসো যেন সিমানে উত্তৰোত্তৰ বৃদ্ধি হৈ গৈ আছে।

    শৈৱানী খাঁৰ এই আত্মবিশ্বাসৰ কাৰণো অৱশ্যে আছে। কাৰণ তেওঁ গুপ্তচৰসকলৰ পৰা জানিব পাৰিছে, যে বাবৰ বৰ্তমান কবিতা আৰু পণ্ডিতসকলকলৈ ব্যস্ত। কবি আৰু কবিতালৈ ব্যস্ত হৈ থকাৰ কাৰণে বাবৰে আসন্ন যুদ্ধৰ বাবে সিমান মনোযোগ দিব পৰা নাই। তদুপৰি চমৰকন্দৰ অর্থনীতি বর্তমান বিপর্যস্ত। বিগত বছৰবোৰত চমৰকন্দৰ ভাগ্যাকাশত বহু কেইজন শাসকৰ আৱিৰ্ভাব হৈছে। শাসক পৰিবৰ্তনৰ লগে লগে বৈ গৈছে বৰ্বৰ ধুমুহাৰ তাণ্ডৱবিজয়োন্মত্ত সৈন্যবোৰে সংঘটিত কৰিছে লুটতৰাজ আৰু ধ্বংসাত্মক কার্য। ফলত বিপর্যস্ত হৈ পৰিছে অর্থনীতিবাঢ়িছে মানুহৰ দুখ-দুর্দশা। তদুপৰি শেৱানী খাঁই বিশ্বস্ত সূত্রে জানিব পাৰিছে, যে চমৰকন্দত বৰ্তমান মহামাৰীৰ তাণ্ডৱ আৰম্ভ হৈছে। অদূৰ ভৱিষ্যতেই আৰম্ভ হ'ব ভোকৰ তাণ্ডৱঅনাহাৰ- অৰ্দ্ধাহাৰত মৃত্যুৰ কোলাত ঢলি পৰিব শ‍ই শ‍ই মানুহ৷ কথাটো ভাবোঁতেই আসন্ন বিজয়ৰ কল্পনাত শৈৱানী খাঁৰ ওঠৰ কোণত বিৰিঙি উঠিল ক্ৰুৰ হাঁহিৰ ৰেখা

    বাবৰ এজন সাহসী আৰু বিচক্ষণ যোদ্ধা। তেওঁৰ লগত যুদ্ধ কৰিবলৈ হ'লে সুশিক্ষিত সহনশীল তেজী ঘোঁৰাৰ লগতে অসীম সাহসী ধৈর্যশীল সুশিক্ষিত অশ্বাৰোহীৰ প্ৰয়োজন। নহ'লে যুদ্ধ জয়ৰ আশা বৃথা। টিলাৰ পাদদেশত চলোৱা যুদ্ধাভ্যাস আসন্ন যুদ্ধৰ প্ৰস্তুতি উপলক্ষে চলোৱা সুপৰিকল্পিত যুদ্ধাভ্যাসহে।

    বহুদিনৰ পৰা এই যুদ্ধাভ্যাস চলিছেকেইদিনমান আগত শৈৱানী খাঁই এই কঠোৰ অনুশীলনৰ আশাপ্রদ ফল লাভ কৰিবলৈয়ো সক্ষম হৈছে। তেওঁৰ বিপর্যস্ত অন্ধকাৰাচ্ছন্ন জীৱনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিজয় বার্তা।

    বিজয় যাত্ৰাৰ প্রস্তুতি হিচাপেই শৈৱানী খাঁই কেইদিনমান আগতে দবুচিয়া দুর্গ আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ সুফলো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। বাবৰে যোৱা শীতকালি তেওঁৰ পৰা কাঢ়ি নিয়া দবুচিয়া দুর্গ বৰ্তমান পুনৰ তেওঁৰে দখলত। দুৰ্দিনৰ সময়ত এয়া তেওঁৰ কাৰণে এক বিৰাট সাফল্য।

    শৈৱানী খাঁৰ আত্মসন্তুষ্টিৰ কাৰণেই অৱশ্যে এটা সময়ত বাবৰে দুৰ্গটো তেওঁৰ পৰা কাঢ়ি নিবলৈ সক্ষম হৈছিল। দবুচিয়া দুৰ্গ বুখাৰাৰ মধ্যৱৰ্তী এলেকাত অৱস্থিত। বসন্তকালৰ নিৰ্মল আকাশৰ তলত দবুচিয়া দুৰ্গটো শৈৱানী খাঁৰ মনত মানৱ নির্মিত প্ৰাচীৰৰ দৰেই সুৰক্ষিত বুলি অনুমান হৈছিল। তেওঁ ভাবিছিল, বাবৰৰ বুদ্ধি আৰু সেনাবল যিমানেই শক্তিশালী নহওঁক কিয়, তেওঁ কেতিয়াও দবুচিয়া দুর্গ দখল কৰাটো সম্ভৱ নহ'ব। কিন্তু তেওঁৰ সকলো ধাৰণা ভুল প্ৰতিপন্ন কৰি যোৱা শীতকালি বাবৰ সেনাই দুৰ্গটো দখল কৰিছিল। কিন্তু শৈৱানী খাঁই প্ৰথম আক্ৰমণতে দুৰ্গটো পুনৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছে।

    দবুচিয়া দুর্গ পুনৰ দখল কৰাৰ সময়ত শৈৱানী খাঁৰ সেনাই অসীম বীৰত্ব প্ৰদৰ্শন কৰিছে। যাৰ ফলত তেওঁৰ মনোবল বৰ্তমান তুংগত। শৈৱানী খাঁৰ সেনাই যেতিয়া দুৰ্গটো আক্ৰমণ কৰিছিল তেতিয়া দবুচিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বাবৰ সেনাই দুৰ্গ শিখৰৰ পৰা শিল আৰু শৰ নিক্ষেপ কৰি আছিল৷ তেলত জুই লগাই শৈৱানী খাঁৰ সেনাৰ ওপৰত ছটিয়াই আছিল।

    ক্ষয়-ক্ষতিৰ প্ৰতি ভ্রূক্ষেপ নকৰি শৈৱানী খাঁৰ সুশিক্ষিত ও সাহসী সেনাই জখলা বগাই দুর্গ শিখৰলৈ উঠি গৈছিল আৰু এটা সময়ত বাবৰ সেনাৰ আক্ৰমণৰ তীব্ৰতা শিথিল হৈ পৰিছিল। শৈৱানী খাঁৰ সেনাই তেতিয়া কেইজনমান বচা বচা সেনালৈ শত্রু সেনাৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰিছিল। শৈৱানী খাঁৰ সেনাৰ নেতৃত্ব দিছিল তেওঁৰ ভায়েক চুলতান মাহমুদ ও দদায়েকৰ পুতেক তৈমূৰেসৈন্যসকলে যেতিয়া দেখিলে যে শৈৱানী খাঁই নিজৰ ভায়েকহঁতকো নিশ্চিত মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ কৰা নাই, তেতিয়া সেনাসকলৰ মনোবল দুগুণে বৃদ্ধি হৈছিল আৰু প্ৰচণ্ড গতিত প্ৰতিপক্ষৰ ওপৰত আক্ৰমণ চলাইছিল। মৰণপণ তীব্র আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি প্ৰতিপক্ষ সেনা সৰাপাতৰ দৰে দুৰ্গ শিখৰৰ পৰা গঁড়খাৱৈত পৰি মৰিছিল। ইফালে প্ৰতিপক্ষৰ সেনাতকৈ শৈৱানী খাঁৰ সেনা সংখ্যাও বহুত বেছি আছিল। ফলত শৈৱানী খাই অতি সহজে দবুচিয়া দুৰ্গ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল আৰু বাবৰৰ জীৱিত সেনাবোৰক শৈৱানী খাঁৰ বিজয়ী সেনাই শৈৱানী খাঁৰ আদেশত নিৰ্বিচাৰে হত্যা কৰিছিল।

    দুৰ্গ আক্ৰান্ত হোৱাৰ সংবাদ জনাই সহায়ৰ বাবে বাবৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও পত্রবাহক চমৰকন্দ গৈ পোৱাৰ আগতেই শৈৱানী খাঁই বিজয় সাব্যস্ত কৰি ধুমধামেৰে বিজয় উৎসৱ পালন কৰিবলৈ সক্ষম হৈছিল।

    এটাৰ পাছত এটা পৰাজয়ৰ পাছত শৈৱানী খাঁ এটা সময়ত একেবাৰে হতোদ্যম হৈ পৰিছিল। সেনাসকলৰো মনোবল ভাঙি গৈছিল । কিন্তু দবুচিয়া দুৰ্গ বিজয়ৰ ফলত শৈৱানী খাঁ নিজেও অনুপ্রাণিত আৰু সেনাসকলৰ মনোবলো তুংগত। সেয়ে কঠোৰ অনুশীলন আৰু নবোদ্যমে চমৰকন্দ বিজয়ৰ বাবে প্ৰস্তুতি চলাইছে সিহঁতে। বাবৰৰ বৰ্তমান অৱস্থান আৰু যুদ্ধৰ প্ৰস্তুতি সম্পর্কে ভূ-বলৈ সুশিক্ষিত গুপ্তচৰ নিয়োগ কৰি ডাঁৰৰ বাতৰি ডাঁৰতে লোৱাৰ ব্যৱস্থাও কৰিছে শৈৱানী খাঁই । এনেকি কূটনীতিৰ আশ্ৰয় লৈ তেওঁ বাবৰৰ দৰবাৰতো কিছু সংখ্যক বচা বচা গুপ্তচৰ নিয়োগ কৰিছে ইতিমধ্যে।

    শৈৱানী খাঁই পূৰ্বে কোনোদিন এইদৰে যুদ্ধৰ বাবে সাজু হোৱা নাছিল। কেৱল সেনাবলেৰে বাবৰক পৰাজয় কৰা সম্ভৱ নহয়বাবৰক পৰাজয় কৰিবলৈ হ'লে প্ৰয়োজন হ'ব সাহসী আৰু সুশিক্ষিত সেনামাথোন সাহসী আৰু সুশিক্ষিত হ'লেও নহ'ব, সেনাসকল কঠোৰ পৰিশ্ৰমী আৰু মানসিকভাবেও দৃঢ় হ'ব লাগিব । এইবোৰ কথা ভাবিয়ে শৈৱানী খাঁই এই কঠোৰ যুদ্ধাভ্যাস চলাইছে।

    বাবৰৰ লগত যুদ্ধ কৰা আৰু সাহসী সুচতুৰ চিতা বাঘৰ লগত যুদ্ধ কৰা একেই কথা। বাবৰৰ বয়স কম; কিন্তু তেওঁ অসীম সাহসী, উদাৰ আৰু সৌভাগ্যবান। বাবৰৰ অভিজ্ঞতাও বয়সৰ তুলনাত বহু বেছি। বাবৰ বয়সত নবীন হ'লেও ধৈর্য, নিষ্ঠা আৰু বুদ্ধিত প্ৰবীণ। বুদ্ধিৰ বলতে মাউৰা উন্নহৰৰ প্ৰতিটো গাঁও আৰু চহৰ বৰ্তমান বাবৰৰ হাতৰ মুঠিত ।

    বেগসকলৰ প্ৰতি শৈৱানী খাঁৰ মুঠেই বিশ্বাস নাই। কাৰণ ধনৰ বিনিময়ত সিহঁতক কিনা-বেচা কৰিব পৰা যায়। যিফালে শক্তি বেছি সেইফালে যোগদান কৰাটো সিহঁতৰ মজ্জাগত স্বভাৱ। সিহঁত সদায় অৰ্থৰ বাবে লালায়িত। বজৰুৱা তিৰোতাৰ দৰে সিহঁতে অৰ্থৰ বিনিময়ত হাত বাগৰি থাকে।

    চুলতান আলীৰ সৰহ সংখ্যক বেগেই এটা সময়ত শৈৱানী খাঁৰ লগত হাত মিলাইছিল। কিন্তু বাবৰে চমৰকন্দ দখল কৰাৰ লগে লগে সিহঁত বাবৰৰ লগত হাত মিলাই বাবৰৰ ফলীয়া হৈ গৈছে। গতিকে সিহঁতক বজৰুৱা তিৰোতা নুবুলিনো কি বুলিব পৰা যায়! এয়ে বেগসকলৰ প্ৰতি শৈৱানী খাঁৰ বৰ্তমান মনোভাৱ৷

    ইফালে বাবৰৰ সৈন্য সংখ্যাও বাঢ়নি পানীৰ দৰে দিনে দিনে বাঢ়ি গৈ আছে। বাবৰৰ চিৰশত্ৰু আহম্মদ তনৱালো বৰ্তমান বাবৰৰ প্ৰতিপত্তি দেখি ভয়ত ত্রস্তমান। সিও দুশ সৈন্য দি নিজৰ ভায়েকক বাবৰৰ সেৱাৰ বাবে পঠাইছে। হায় ক্ষমতা! এইদৰে যদি দিনে দিনে বাবৰৰ শক্তি বাঢ়ি গৈ থাকে তেনেহ'লে ভৱিষ্যতে বাবৰক পৰাজিত কৰাটো খুবেই দুৰূহ কাম হ'ব। গতিকে বাবৰৰ শক্তি অধিক বাঢ়িবলৈ দিয়াটো কোনোপধ্যে উচিত নহ'ব। অচিৰেই তেওঁক দমন কৰিব লাগিবমাথোন সেনাবলেৰে নহয়, কৌশলগত ভাবেও বাবৰক চেৰ পেলাব লাগিবতেহে অভীষ্ট সিদ্ধি কৰা সম্ভৱ হ'ব। এইবোৰ কথা চিন্তা কৰিয়ে শৈৱানী খাঁই সেনাসকলক কঠোৰ অনুশীলন কৰিবলৈ নিৰ্দেশ দিছে আৰু নিজে বাবৰক কেনেকৈ কৌশলগতভাবে পৰাজয় কৰিব পাৰে সেই কৌশল ৰচনাতে অহোৰাত্ৰি ব্যস্ত হৈ আছে।

    আয়চা বেগমে এটি কন্যা সন্তান প্রসৱ কৰিছে বুলি কালি গুপ্তচৰসকলে খবৰলৈ আহিছে। কন্যা সন্তানৰ নাম হেনো ৰাখিছে ফখৰুনিচাবাদচাহৰ প্ৰথম সন্তান জন্ম হোৱাৰ আনন্দত সমগ্ৰ চহৰ বৰ্তমান উৎসৱমুখৰপ্ৰথম পিতৃত্বৰ আনন্দত উচ্ছ্বসিত হৈ বাবৰ নিজেও সেই আনন্দ উৎসৱত যোগদান কৰিছে।

    শৈৱানী খাঁই বহু ভাবি-চিন্তি এয়াই যুদ্ধাভিযানৰ উপযুক্ত অৱসৰ বুলি সিদ্ধান্ত ল'লে আৰু বেগসকলক মাতি তেওঁৰ সিদ্ধান্তৰ কথা জনাই দিলেআমি কাইলৈয়ে যুদ্ধ যাত্ৰা কৰিম৷ যাত্ৰাৰ বাবে সকলো আয়োজন সম্পূৰ্ণ কৰি তোলক।

    সিদ্ধান্ত মর্মে পাচদিনা শৈৱানী খাঁই বুখাৰা আৰু দবুচিয়া ৰক্ষাৰ বাবে কিছু সেনা থৈ বাকী সেনালৈ চমৰকন্দ অভিমুখে যাত্ৰা কৰিলে। যাত্ৰাৰ আগমুহূৰ্তত সেনাসকলক বীৰোচিত চিন্তা-ভাৱনাত অভ্যস্ত কৰিবলৈ শৈৱানী খাঁই বাবৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে৷পত্ৰখন পত্রবাহকৰ হাতত দিয়াৰ আগতে তেওঁ নিজেই সেনাসকলক পত্ৰখন পঢ়ি শুনালেবীৰে নিজৰ শক্তি, বল-বিক্ৰম মুকলি প্ৰান্তৰত, সন্মুখ সমৰত প্ৰদৰ্শন কৰা উচিত। ৰুদ্ধদ্বাৰ দুৰ্গৰ ভিতৰত এজন শিশুও সুৰক্ষিতভাবে বহি থাকিব পাৰে। গতিকে যদি সাহস আছে দুৰ্গ এৰি ওলাই আহি নিজৰ শক্তিৰ পৰীক্ষা দিয়াহি।

    পত্রপাঠ শেষ হোৱাৰ লগে লগে সেনাবোৰে শৈৱানী খাঁৰ বিজয় ঘোষণা কৰি চমৰকন্দ অভিমুখে যাত্ৰা কৰিলে।

    যথাসময়ত শৈৱানী খাঁৰ পত্ৰ আহি বাবৰৰ হাতত পৰিল

    পত্ৰ পঢ়ি বাবৰৰ আত্মসন্মানত আঘাত লাগিল । আগ-পাচ নাভাবি তেওঁ খৰতকীয়াকৈ সিদ্ধান্তলৈ শৈৱানী খাঁক এসেকা দিবলৈ সেনাবাহিনী লৈ দুৰ্গৰ পৰা ওলাই আহি শৈৱানী খাঁৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু শৈৱানী খাৰ ব্যংগাত্মক আহ্বানত ক্রোধান্বিত হৈ দুৰ্গ এৰি ওলাই আহিলেও তেওঁ শেষমুহূৰ্তত সজাগ হৈ উঠিল

    বাবৰৰ সহায়ৰ কাৰণে তুর্কিস্থানৰ পৰা এদল সেনা অহাৰ কথা। সেই সেনাদল তেতিয়াও আহি পোৱা নাছিলগতিকে শৈৱানী খাই যিমানেই প্রলোভিত ও ব্যংগ নকৰক কিয় তুর্কিস্থানৰ পৰা সেনা আহি নোপোৱালৈকে তেওঁ শৈৱানী খাঁক আক্রমণ নকৰাৰ সিদ্ধান্তলৈ শৈৱানী খাঁৰ ছাউনীৰপৰা ছ মাইলমান আঁতৰত চৰেপুলৰ ওচৰত জাফৰশন নদীৰ পাৰত ছাউনী পাতিলে। ছাউনী পাতি তেওঁ তুর্কিস্থানৰ পৰা সেনা আহি পালে শৈৱানী খাঁক পাছফালৰ পৰা আক্ৰমণ কৰাৰ সিদ্ধান্তলৈ যুদ্ধৰ আয়োজনত ব্যস্ত হৈ পৰিল । ছাউনীৰ চাৰিওফালে দ গঁড়খাৱৈ খান্দি শৰ সৰকি আহিব নোৱাৰাকৈ গছৰ ডাল-পাতেৰে বেৰা দি ছাউনী সুৰক্ষিত কৰি তুর্কিস্থানৰ পৰা সেনা অহাৰ অপেক্ষাত দিন গণিবলৈ ধৰিলে ।

    বাবৰৰ এই সিদ্ধান্তৰ কথা শৈৱানী খাঁৰ কাণতো পৰিল। বাবৰৰ সহায়ৰ কাৰণে তুর্কিস্থানৰ পৰা সেনা অহাৰ কথা শুনি শৈৱানী খাঁ বিচলিত হৈ উঠিল। কিন্তু কেইদিনমান পাছত তেওঁ গুপ্তচৰসকলৰ পৰা জানিব পাৰিলে, যে সদ্যহতে তুর্কিস্থানৰ পৰা সেনা অহাৰ আশা নাই খবৰটো পাই তেওঁ উৎফুল্লিত ও উৎসাহিত হৈ উঠিল । কিন্তু তেওঁৰ সেই উৎসাহ বেছি পৰ স্থায়ী নহ'পাছমুহূর্ততে আন এটা খবৰে তেওঁক শংকিত কৰি তুলিলে । তেওঁ বিশ্বস্ত সূত্ৰে অৱগত হ'ল, যে তৰ খাঁ নামৰ বেগ এজন বাবৰৰ সহায়ৰ কাৰণে দুহেজাৰ সেনা লৈ চমৰকন্দ অভিমুখে যাত্ৰাৰ আয়োজন কৰিছে আৰু এহেজাৰ নতুন সেনা ভৰ্তি কৰি আছে। সেনা ভর্তি কৰা শেষ হ'লেই সি শীঘ্ৰেই চমৰকন্দ আহি পাবহি।

    খবৰটো পাই শৈৱানী খাঁ সচকিত হৈ উঠিলযিমানদূৰ সম্ভৱ সোনকালে যুদ্ধ শেষ কৰা সমীচিন হ'ব বুলি তেওঁ ভাবিলে। তৰ খাঁ আহি পোৱাৰ আগতে কেনেকৈ যুদ্ধ শেষ কৰিব পাৰে সেই চিন্তাত তেওঁ বিভোৰ হৈ পৰিল। তেওঁৰ কূটিল মস্তিষ্ক কূটিল চিন্তাৰ আৱৰ্তত ক্রিয়াশীল হৈ উঠিল।

    নানা জল্পনা-কল্পনাৰ অন্তত শৈৱানী খাঁই এটা কৌশল অৱলম্বন কৰিলে । বাবৰ যাতে যুদ্ধত অৱতীৰ্ণ হ'বলৈ বাধ্য হয় তাৰ বাবে এদিন গভীৰ নিশা তেওঁ এদল বচা বচা তীৰন্দাজ অশ্বাৰোহী সেনা লৈ বাবৰৰ ছাউনী ঘেৰি ধৰিলেতেওঁ পোনপটীয়াকৈ ছাউনী আক্রমণ নকৰি ৰণশিঙা আৰু ঢোল-নাগাৰাৰ কৰ্ণভেদি শব্দৰ মাজত ছাউনীৰ ওপৰত শৰ বৰ্ষণ কৰিবলৈ ধৰিলে। কিন্তু এই আক্ৰমণৰ ফলত তেওঁ বাবৰ সেনাৰ কোনো ক্ষয়-ক্ষতি কৰিবলৈ সক্ষম নহ'কাৰণ শৈৱানী খাঁৰ সেনাই ছাউনীৰ চাৰিওফালে খন্দা গঁড়খাৱৈ অতিক্ৰম কৰিব নোৱাৰিলেঅৱশ্যে গঁড়খাৱৈ পাৰ হোৱা সিহঁতৰ উদ্দেশ্যও নাছিলশৈৱানী খাঁৰ সেনাই পূৰ্ব পৰিকল্পিতভাবে লৰা-ঢপৰাৰ লগতে অপমানসূচক গালি-শপনিৰে বাবৰ সেনাক থকা-সৰকা কৰিবলৈ ধৰিলেলুকাই কিয় ? খোলা প্ৰান্তৰত যুদ্ধ কৰিবলৈ ভয় কৰিছা নেকি ? বাবৰ ভয়ত কঁপি আছে নেকি? সাহস আছে যদি ওলাই নাহ কিয়? ইত্যাদি ইত্যাদি অশ্রাব্য ভাষাৰে গালি পাৰাৰ লগতে তীৰ বৰ্ষণ কৰিবলৈ ধৰিলে।

    ৰাতিৰ অন্ধকাৰত সাধাৰণ উপদ্রৱেই মানুহৰ চেতনাত বিৰূপ প্ৰভাৱ পেলায়। শ‍ই শ‍ই অশ্বাৰোহী ছাউনীৰ চাৰিওফালে চক্ৰাকাৰে ঘুৰি ঘুৰি কৰা তীৰ বৰ্ষণৰ লগতে গালি-শপনিৰ শব্দ তৰংগই এক ভয়াবহ আতংকজনক পৰিবেশৰ সৃষ্টি কৰিলে। ঘোঁৰাৰ খুৰাৰ শব্দ আৰু হ্ৰেষা ধ্বনিয়ে আকাশ-বতাহ কঁপাই তুলিলেনৈঃশব্দৰ মাজত কোলাহলমুখৰ বিকট শব্দ তৰংগই ৰাতিৰ গভীৰতা ভয়াল কৰি তুলিলে । কাঠ আৰু গছৰ ডাল-পাতেৰে নিৰ্মিত বেৰাত অবিৰাম তীৰ বৰ্ষণ হোৱাত বাবৰ সেনা আতংকিত হৈ উঠিল। হাই-উৰুমি আৰু আতংকৰ মাজত সাধাৰণ জুইৰ শিখাও ভয়ংকৰ শিখাৰ দৰে প্ৰতীয়মান হয়গতিকে শৈৱানী খাঁৰ সেনাই বাবৰ সেনাক অধিক আতংকিত কৰি তুলিবলৈ ঘোঁৰাক খুৱাবলৈ শুকাই থোৱা ঘাঁহৰ দমৰ মাজত জুই লগাই দিলে। লেলিহান শিখা মেলি জুই জ্বলি উঠিল। গঁড়খাৱৈৰ পৰা কিছু নিলগত থকা খালী তম্বুবোৰতো জুই লগাই দিলে। বিন্দুত সিন্ধুৰ দৰে ৰাতিৰ অন্ধকাৰত সাধাৰণ জুইয়েও ভয়াৱহ ৰূপ ধাৰণ কৰি প্ৰচণ্ড জিভা মেলি দপদপাই জ্বলিবলৈ ধৰিলে

    বাবৰ সেনা এই ঝঞ্ঝা সদৃশ আক্ৰমণত প্ৰথমাৱস্থাত কিছু সন্ত্রাসিত হৈ উঠিছিল যদিও পাচমুহূর্ততে নিজক চম্ভালি লৈ প্ৰতি আক্ৰমণৰ বাবে সাজু হৈ উঠিল। বেৰাৰ ফাঁকেৰে প্ৰতিপক্ষ সেনাৰ ওপৰত তেওঁলোকেও অবিৰামভাবে তীৰ বৰ্ষণ কৰিবলৈ ধৰিলেবাবৰ সেনাই প্ৰতি আক্ৰমণ কৰাত শৈৱানী খাঁৰ সেনা ৰণত ভংগ দি লাহে লাহে আঁতৰি গ'

    এই যুদ্ধত কোনো পক্ষকে উৎসাহিত কৰিব নোৱাৰিলে। কিন্তু শৈৱানী খাঁৰ উদ্দেশ্য সফল হ'ল। তেওঁ বাবৰক যুদ্ধৰ বাবে বাধ্য কৰিবলৈ এই আক্ৰমণ চলাইছিল আৰু তেওঁ তেওঁৰ উক্ত যোজনাত সফলো হ'ল আশা কৰামতে

    শৈৱানী খাঁৰ বাহিনী পিচহোঁহকি আঁতৰি যোৱাৰ পাছত জ্যোতিষী চাহাবুদ্দিন বাবৰৰ তম্বুলৈ সোমাই আহিল। কেইদিনমানৰ পৰা তেওঁ বাবৰক যুদ্ধৰ বাবে উচটাই আছে। বাবৰক উৎসাহিত কৰিবলৈ তেওঁ উচটাই আছে যে, বাবৰৰ নক্ষত্র যোগ ভাল। এই সময়ত আক্ৰমণ কৰিলে তেওঁৰ জয় অনিবার্য। কিন্তু বাবৰে তেওঁৰ কথালৈ সিমান কাণসাৰ কৰা নাই। গতিকে শৈৱানী খাঁৰ বাহিনী গুচি যোৱাৰ পাছত তেওঁ বাবৰৰ তম্বুলৈ সোমাই আহি পুনৰ কথাটো স্মৰণ কৰি দিবলৈ আকাশলৈ আঙুলিয়াই ৰহস্যময় ভংগীত অনুচ্চ সুৰত ক'বলৈ ধৰিলেজাহাঁপনা, সৌৱা চাওঁক, আঠোটা নক্ষত্র কেনেকৈ জিলিকি আছে। এনে নক্ষত্র যোগ খুউব কমেইহে দেখা যায়। আঠোটা নক্ষত্র এটা শাৰীত অৱস্থান কৰিছে। এয়া আল্লাহৰ অনুগ্ৰহৰ লক্ষণ । নক্ষত্ৰৰ অৱস্থানে আপোনাৰ জয়ৰ কথাকে সূচাই আছে। গতিকে পলম কৰা মুঠেই উচিত নহ'ব। দুই-তিনি দিন পলম কৰিলে নক্ষত্ৰ কেইটাৰ পৰা কিছু নক্ষত্ৰ শত্ৰুৰ ফালে গুচি যাব আৰু তেতিয়া আপোনাৰ যুদ্ধ জয় কঠিন হৈ পৰিব।

    চাহাবুদ্দিনৰ কথাত বাবৰ উৎসাহিত হৈ উঠিল। তেওঁ তৎক্ষণাৎ বেগসকলক মাতি আনি যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিলেকাশিম বেগে চহৰ চব্জৰ পৰা তৰ খাঁৰ সেনা অহালৈ অপেক্ষা কৰিবলৈ দঢ়াই দঢ়াই অনুৰোধ কৰিবলৈ ধৰিলে। কিন্তু বাবৰে তেওঁৰ কথালৈ ক্ৰক্ষেপ নকৰি নিজৰ মতত অচল-অটল হৈ থাকিল।

    পাচদিনা ৰাতিপুৱা বেগসকল যুদ্ধৰ বাবে সাজু হৈ উঠিল। অর্ধ চন্দ্রখচিত পতাকা উৰুৱাই বাবৰ বাহিনী চৰেপুলৰ ফালে যাত্ৰা কৰিলেচাহাবুদ্দিনৰ উদ্দেশ্য সফল হ'বাবৰ বাহিনী চৰেপুল অভিমুখে যাত্ৰা কৰাৰ পাছতে তেওঁ শৈৱানী খাঁৰ শিবিৰ অভিমুখে অতি গোপনে ৰাওনা হৈ গ'ল ।

    চাহাবুদ্দিন আচলতে শৈৱানী খাঁৰ গুপ্তচৰ আছিলবাবৰে প্ৰথম চমৰকন্দ দখল কৰাৰ সময়ত চাহাবুদ্দিন বাবৰৰে অনুগত আছিল। কিন্তু শৈৱানী খাঁই চমৰকন্দ দখল কৰাৰ পাছত তেওঁ শৈৱানী খাঁৰ অনুগত হৈ পৰিছিল৷

    সহানুভূতি, বিশ্বাস, উদাৰতা বাবৰৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট আছিল। তেওঁৰ এই উদাৰতাৰ বিষয়ে আটায়ে ভালদৰে অৱগতও আছিল। শৈৱানী খাঁ নিজেও বাবৰৰ এইসমূহ গুণৰ বিষয়ে অৱগত আছিল। গতিকে শৈৱানী খাঁই বাবৰৰ সৰল জীৱনৰ সৌন্দৰ্যত উদ্ভাসিত মানবিকতাৰ মূৰত কুঠাৰাঘাত কৰিবলৈ পশুসুলভ কূটিলতাৰ আশ্ৰয় লৈছিলবাবৰৰ সৈন্যবল, গতিবিধি আৰু মনোভাবৰ ওপৰত সততে চকু ৰাখিবলৈ শৈৱানী খাঁই নিজৰ কিছুমান গুপ্তচৰ বাবৰৰ দৰবাৰত নিয়োগ কৰিছিলশৈৱানী খাঁৰ নিৰ্দেশমতে গুপ্তচৰসকল বাবৰৰ দৰবাৰলৈ আহি শৈৱানী খাঁই সিহঁতৰ ওপৰত কৰা অবর্ণনীয় অত্যাচাৰৰ কল্পিত কাহিনী কৈ আশ্রয় প্ৰাৰ্থনা কৰিছিল। বাবৰে সৰল বিশ্বাসত সিহঁতক আশ্রয় দি দক্ষতা অনুযায়ী ভিন্‌ ভিন্‌ কামত নিয়োগ কৰিছিল। চাহাবুদ্দিন আছিল সেই গুপ্তচৰসকলৰে এজন

    শৈৱানী খাই এসপ্তাহৰ ভিতৰত বাবৰক যুদ্ধৰ বাবে সাজু কৰিবলৈ চাহাবুদ্দিনক নির্দেশ দি পঠাইছিল। শৈৱানী খাঁৰ নিৰ্দেশমতেই চাহাবুদ্দিনে নক্ষত্ৰৰ কল্পিত গতি-বিধিৰ কাহিনী কৈ বাবৰক যুদ্ধৰ বাবে উচটাই তুলি যুদ্ধক্ষেত্ৰলৈ ঠেলি পঠিয়ালে আৰু যোজনামতেই শৈৱানী খাঁৰ উদ্দেশ্য সফল হ'ল।

    ইফালে ঝঞ্ঝা আক্ৰমণৰ ৰাতি শৈৱানী খাঁই ওৰেটো ৰাতি প্ৰায় উজাগৰেই কটাই দিলে। সূর্যোদয়ৰ আগে আগে তেওঁ মাথোন আধা ঘণ্টাৰ বাবে বিছনাত গা এৰি দি বিশ্রাম ল'লে। সূর্যোদয়ৰ লগে লগে তেওঁ বিছনা ত্যাগ কৰি ঘোঁৰা চেঁকুৰাই টিলাৰ ওপৰলৈ উঠি আহিল ।

    টিলাৰ ওপৰৰ পৰা বাবৰৰ ছাউনী আৰু ছাউনীলৈ যোৱা ৰাস্তা স্পষ্টভাবে চকুত পৰে।

    টিলাৰ ওপৰত উঠি তেওঁ প্ৰথমতে চহৰ চব্জৰ পৰা অহা ৰাস্তাৰ ফালে চাই পঠিয়ালেকিন্তু চহৰ চব্জৰ পৰা অহা ৰাস্তাত কোনো সেনা তেওঁৰ দৃষ্টিগোচৰ নহ'ল। তেওঁ গুপ্তচৰৰ মুখৰ পৰা জানিব পাৰিছিল যে, কালি তাচকন্দৰ শাসক মহম্মদ খাঁই বাবৰক সহায় কৰিবলৈ তিনি-চাৰিশ সেনা পঠাইছে। সেনাদল আহি আজি বাবৰৰ লগত মিলিত হোৱাৰ কথা

    মোগলসকলৰ প্ৰতি অৱশ্যে শৈৱানী খাঁৰ সিমান ভয় নাই। কাৰণ মোগল আৰু চমৰকন্দবাসীৰ মাজত মুঠেই সদ্ভাৱ নাই বুলি তেওঁ ভালদৰে অৱগত । তদুপৰি বেলেগ বেলেগ ঠাইৰ পৰা অহা মোগলসকলৰ সম্বন্ধও খুবেই বেয়া বুলি তেওঁ জানিছিল৷ গতিকে মহম্মদ খাঁৰ সেনাৰ প্ৰতি তেওঁৰ ভয়ৰ কোনো কাৰণ নাছিল

    আসন্ন যুদ্ধ শৈৱানী খাঁৰ ভাগ্য নির্ণায়ক যুদ্ধ। গতিকে তেওঁ তেওঁৰ সকলো প্ৰকাৰ কৌশল, অভিজ্ঞতা, যোগ্যতা আৰু অনুভৱৰ সহায়ত যুদ্ধৰ বাবে সাজু হৈ উঠিছে। বিগত দিন কেইটাত আসন্ন যুদ্ধৰ অনুকূল-প্ৰতিকূল অৱস্থা আৰু সেনা পৰিচালনাৰ কৌশল ৰচনাত তেওঁ ব্যস্ত হৈ আছিলআক্ৰমণৰ সময়ত সূৰ্য কোনফালে থাকিলে পৰিস্থিতি নিজৰ অনুকূলে থাকিব, কোন দিশৰ পৰা বতাহ বলিলে সুবিধা হ'ব এইবোৰ সৰু-সুৰা বিষয় লৈয়ো তেওঁৰ চিন্তা-ভাৱনাৰ অন্ত নাছিল ৷

    শৈৱানী খাঁই চহৰ চব্জৰ ৰাস্তাৰ পৰা দৃষ্টি ঘূৰাই বাবৰৰ ছাউনীৰ ফালে চাই পঠিয়ালে। দৃশ্য দেখি তেওঁ উৎফুল্লিত হৈ উঠিল। তেওঁ আশা কৰা মতেই বাবৰে যুদ্ধৰ বাবে সেনা সমাৱেশ কৰি থকা তেওঁৰ দৃষ্টিগোচৰ হ'ল। বাবৰৰ অৰ্দ্ধচন্দ্ৰখচিত পতাকা বতাহত উৰি থকা দেখি তেওঁ দ্ৰুত ঘোঁৰা চেঁকুৰাই টিলাৰ পৰা নামি নিজৰ বাহিনীৰ ওচৰলৈ আহিল।

    শৈৱানী খাঁই সেনাবাহিনীৰ ওচৰলৈ আহিয়ে তৰোৱালৰ ঝন্ ঝন্ শব্দৰ দৰে তীক্ষ্ণ গুৰু-গম্ভীৰ কণ্ঠত ক'বলৈ ধৰিলেমোৰ প্ৰিয় সেনাসকল, বর্তমান একমাত্ৰ সৃষ্টিকৰ্তাৰ বাহিৰে আমাৰ কোনো ত্ৰাণকৰ্তাই নাইআমাৰ স্বদেশ ইয়াৰ পৰা বহু দূৰত। যদি শত্রুই আমাক পৰাজিত কৰে আমি এটা প্ৰাণীও প্রাণলৈ স্বদেশলৈ উভতি যাব নোৱাৰিমগতিকে আমি জীৱন পণ যুদ্ধ কৰি হ'লেও শত্ৰুক হৰুৱাবই লাগিব। আল্লাহৰ ওপৰত মোৰ ভৰসা আছে। আমি আটায়ে আল্লাহৰ সেনাজয় আমাৰ হ'বই।

    আল্লাহ সর্বজ্ঞ, সকলো আল্লাহৰ হাতত। আমি জীৱন পণ কৰি যুঁদ্ধ কৰিমহাজাৰ হাজাৰ কণ্ঠৰ সমৱেত সুৰে আকাশ বতাহ ৰজনজনাই তুলিলে

    খোজত খোজ মিলাই হাজাৰ হাজাৰ সেনা পৰুৱাৰ দৰে লানি পাতি বাবৰৰ ছাউনী অভিমুখে আগবাঢ়িবলৈ ধৰিলেসেনাবাহিনীৰ শৃংখলা দেখি অনুমান হ'ল যেন হাজাৰ হাজাৰ সেনা একেটা দেহত বিলীন হৈ গৈছে।

    শৈৱানী খাঁৰ বাহিনীৰ বাওঁহাতে জাফৰশন নদী বৈ আছিল। শৈৱানী খাঁই তেওঁৰ বাহিনীৰ গতি অকণমান তেৰেচীয়া কৰি সোঁহাতৰ সেনাবোৰক বাওঁহাতৰ সেনাবোৰতকৈ দ্ৰুতগতিত আগবাঢ়িবলৈ নিৰ্দেশ দিলে। সোঁফালে মাটি এঢলীয়া আৰু পাচফালৰ পৰা বতাহ বলি থকাৰ কাৰণে অলপ সময়ৰ ভিতৰতে নির্দেশ অনুসৰি সোঁহাতৰ সেনাবোৰ বাওঁহাতৰ সেনাবোৰতকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ল।

    শৈৱানী খাঁই বাবৰ সেনাক চাৰিওফালৰ পৰা আগুৰি ধৰাৰ উদ্দেশ্যে সোঁফালৰ অশ্বাৰোহী সেনাবোৰক বিজুলীৰ দৰে দ্ৰুতগতিত আগবাঢ়িবলৈ নিৰ্দেশ দিলে। নিৰ্দেশ অনুসৰি অশ্বাৰোহীবোৰো আগবাঢ়ি গ'

    বাবৰেও প্ৰতিপক্ষ সেনাৰ প্ৰতিটো গতিবিধি তির্যকভাবে লক্ষ্য কৰি আছিল প্ৰতিপক্ষ বাহিনীৰ বাওঁহাতৰ সেনাতকৈ সোঁহাতৰ সেনা দ্রুতগতিত আগবঢ়া দেখি তেওঁ শৈৱানী খাঁৰ ৰণ কৌশল অনুধাৱন কৰিবলৈ গভীৰভাবে মনসংযোগ কৰিলে। সোঁহাতৰ সেনা বাওঁহাতৰ সেনাতকৈ ভালেখিনি আগবঢ়াৰ পাছত বাওঁহাতৰ সেনা অকণমান বাওঁফালে ঘূৰা দেখি প্ৰতিপক্ষৰ ৰণ কৌশল সম্পৰ্কে তেওঁ বুজি উঠিল প্রতিপক্ষৰ বাহিনীয়ে যে তেওঁৰ বাহিনীক চাৰিও ফালৰ পৰা আগুৰি ধৰিবলৈ জাল পেলাইছে সেই কথা উপলব্ধি কৰিবলৈও বাবৰৰ অসুবিধা নহ'ল। তেওঁ প্ৰতিপক্ষ সেনাৰ লগত সন্মুখ সমৰত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত লৈ নিজৰ সোঁহাতৰ সেনাক লগে লগে নদীৰফালে পিঠি দি আগবাঢ়িবলৈ নিৰ্দেশ দিলে।

    শৈৱানী খাঁৰ সেনা দ্রুতগতিত আগবাঢ়ি আছিল। বচা বচা দেহৰক্ষী আৰু বিশ্বস্ত সেনা কিছুমান লৈ এখন ওখ ঠাইত ৰৈ শৈৱানী খাঁই উভয় পক্ষৰ আলেখ-লেখ নিৰীক্ষণ কৰি আছিলডেৰ মাইল আঁতৰত থাকোঁতে শৈৱানী খাঁৰ দৰে বাবৰো এডোখৰ ওখ ঠাইত ৰৈ গ'ল। তেওঁৰ পাচফালে তেতিয়া উদীয়মান সূৰুযৰ কিৰণ জাল নদীৰ পানীত পৰি জিলমিলাই আছিল। কিন্তু বাবৰৰ তেতিয়া প্ৰকৃতিৰ সেই অনিন্দ্য সুন্দৰ সৌন্দৰ্য সম্ভাৰ উপভোগ কৰাৰ মন বা মানসিকতা কোনোটো নাছিল। তেওঁৰ হৃদয় তেতিয়া আসন্ন যুদ্ধৰ জয় পৰাজয়ৰ সংঘাতমুখৰ উত্তেজনাত প্রচণ্ডভাবে আলোড়িত হৈ আছিল। অনিশ্চিত ফলাফলৰ দুঃশ্চিন্তাই তেওঁৰ দেহ মন পাষাণ পিষ্টৰ দৰে পিষ্ট কৰি আছিল। কোনে জয়মাল্য পিন্ধিব? বাবৰে, নে শৈৱানী খাই? এই প্ৰশ্নৰ উত্তৰ আছিল অনিশ্চিয়তাৰ গৰ্ভত।

    বাবৰৰ অশ্বাৰোহী সেনাতকৈ শৈৱানী খাঁৰ অশ্বাৰোহী সেনা বহু বেছি আছিল

    বাবৰৰ বাহিনীত ফাৰ্চী তৰোৱাল, ওখ ঢাল আৰু বৰ্শাধাৰী পদাতিক সেনা সংখ্যাই অধিক আছিল। অৱশ্যে শৈৱানী খাঁৰ অশ্বাৰোহী সেনাৰ কাৰণে বাবৰৰ পদাতিক বাহিনীৰ ওখ ঢাল, তৰোৱাল আৰু বর্শাধাৰী সেনাৰ ব্যুহভেদ কৰা সহজ কাম নাছিল। কিন্তু শৈৱানী খাঁৰ অশ্বাৰোহী সেনা বাবৰৰ পদাতিক সেনাতকৈ গতিত বহু বেছি আগবঢ়া আছিল বাবে ব্যুহ ভেদ কৰা অসম্ভৱো নাছিল।

    বাবৰৰ পদাতিক সেনাৰ আধিক্য দেখি শৈৱানী খাঁৰ অশ্বাৰোহী সেনাই দ্ৰুত তৰোৱাল সঞ্চালন কৰি তীৰ, বর্শা, তৰোৱালৰ পৰা নিজক সুৰক্ষিত ৰাখি বাবৰৰ পদাতিক সেনাৰ মাজত সোমাই আঘাত হানিবলৈ লক্ষ্যস্থিৰ কৰি দ্ৰুত আগবাঢ়িবলৈ ধৰিলে ।

    বাবৰৰ পদাতিক সেনাৰ পৰা আধা মাইলমান আঁতৰত থাকোতেই মাহমুদ চুলতান, জানীবেগ আৰু তৈমূৰ চুলতানে শৈৱানী খাঁৰ নিৰ্দেশ মৰ্মে নিজৰ নিজৰ অশ্বাৰোহী বাহিনীলৈ বাবৰৰ সেনাৰ মধ্যভাগ আৰু বাওঁহাতৰ পৰা আঁতৰত থাকি হঠাৎ সোঁফালে ঘূৰি দ্ৰুত আগবাঢ়িবলৈ ধৰিলে। শৈৱানী খাঁ নিজে তীৰন্দাজ সেনালৈ প্ৰতিপক্ষৰ মধ্যভাগৰ পৰা আঁতৰত থাকি বাওঁফাল লক্ষ্য কৰি দ্ৰুত আগুৱাই থাকিল ।

    বাবৰে নিজৰ বাহিনীৰ আটাইতকৈ সুশিক্ষিত আৰু শক্তিশালী অংশ মধ্যভাগত ৰাখিছিল। কিন্তু প্রতিপক্ষ বাহিনীৰ গতিবিধিলৈ লক্ষ্য কৰি তেওঁ মধ্যভাগৰ সেনা দুভাগত ভাগ কৰি এভাগ বাওঁফালে আৰু এভাগ সোঁফালে পঠাবলৈ বাধ্য হ'ল। এই কাম অতি খৰতকীয়াভাবে কৰিব লগা হ'ল। শৈৱানী খাঁৰ সেনা মধ্যভাগত অপেক্ষাকৃত দুর্বল আছিলগতিকে বাবৰ সেনাই প্ৰথমতে প্রতিপক্ষৰ মধ্যভাগত আঘাত হানিলেতেওঁলোকে কিছু আশাব্যঞ্জক সফলতাও লাভ কৰিলে সেই আক্ৰমণৰ ফলত

    কিন্তু খন্তেক পাছতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ল। কোন শত্ৰু, কোন মিত্ৰ উভয় পক্ষৰ কাৰণে ঠাৱৰ কৰা টান হৈ পৰিল। জয় পৰাজয় তেতিয়া পাৰদৰ্শিতাতকৈ ক্ষিপ্ৰতাৰ ওপৰতহে নিৰ্ভৰশীল হৈ পৰিল যি পক্ষৰ আক্ৰমণৰ গতি ক্ষিপ্ৰতৰ হ'ব সেই পক্ষৰে জয় সুনিশ্চিত হ'ব, আকস্মিকভাবে এনেকুৱা এক পৰিস্থিতিৰ উদ্ভৱ হৈ পৰিল

    বাবৰ সেনা ক্ষিপ্ৰতাত পাচ পৰি গ'ল । বাবৰৰ অশ্বাৰোহী সেনাই শৈৱানী খাঁৰ অশ্বাৰোহী সেনাক সোঁফালে বা বাওঁফালে কোনোফালে বাধা দি ৰাখিব নোৱাৰিলে। মাহমুদ চুলতান বাবৰ বাহিনীৰ পাচফালে যাবলৈ সক্ষম হ'ল। হামজাহ  চুলতানৰ অশ্বাৰোহীসকলে বাবৰৰ দুয়োফালৰ বাহিনীক চেৰাই গৈ মাহমুদ চুলতানৰ লগত মিলিত হ'ল। পাচফালৰ পৰা হোৱা অপ্রত্যাশিত আক্ৰমণৰ ফলত বাবৰ বাহিনীৰ মাজত হুৱা-দুৱা লাগি গ'ল ।

    বাবৰে নিজৰ কিছু বচা বচা অশ্বাৰোহী সেনা একগোট কৰি বিশৃংখল পৰিস্থিতিৰ পৰা অগ্নিশিখাৰ দৰে ওলাই শৈৱানী খাঁৰ স্তেপীবাসী সেনাৰ ব্যুহ ভেদ কৰি বিজুলী গতিত শৈৱানী খাঁৰ ফালে আগবাঢ়িবলৈ ধৰিলে। বাবৰ বাহিনীৰ এই আক্রমণ আছিল অতি ধ্বংসাত্মক।

    বাবৰ শৈৱানী খাঁৰ ফালে ধাবমান হোৱা দেখি কোপেক বে'ৰ অশ্বাৰোহী সেনাবোৰে শৈৱানী খাঁক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ বাবৰ সেনাৰ পশ্চাদধাৱন কৰিলে। কিন্তু বাবৰৰ আন এদল সেনা আহি কোপেক বেৰ বাহিনীক আগভেঁটি ধৰিলে।

    কোপেক বেৰ বাহিনী সেই বাধা অতিক্ৰম কৰি শৈৱানী খাঁৰ কাষ পোৱাৰ আগতেই বাবৰ সেনাই শৈৱানী খাঁক আগুৰি ধৰি তেওঁৰ সুৰক্ষাৰ দায়িত্বত থকা সেনাবোৰক ছেদেলি-ভেদেলি কৰি পেলালে।

    শৈৱানী খাঁৰ দেহৰক্ষী চৰ্দাৰজনে ভয়ত সন্ত্রাসিত হৈ কঁপি কঁপি শৈৱানী খাঁক মিনতি কৰিবলৈ ধৰিলেজাহাঁপনা, সময় থাকোঁতেই আমি ইয়াৰ পৰা আঁতৰি যোৱাটো উচিত হ'ব।

    শৈৱানী খাঁৰ মুখমণ্ডলো ভয়ত শেঁতা পৰি গ'ল। অন্তৰাত্মা আতংকত আৰ্তনাদ কৰি উঠিল। তেওঁৰ সকলো কাঠিন্য ও দৃঢ়তা কৰ্পূৰৰ দৰে উৰি গ'ল ৷ শৈৱানী খাঁৰ নিজৰো পিচহোঁহকি যোৱাৰ ইচ্ছা গ'ল৷

    কিন্তু পাচমুহূর্ততেই শৈৱানী খাঁই নিজক চম্ভালি ল'লে। তেওঁ ভাবিলে, এই জটিল পৰিস্থিতিত তেওঁ পিচহোঁহকি গ'লে সেনাবোৰে সিহঁতৰ বাদচাহ আৰু পতাকা নেদেখি সন্ত্রাসিত হৈ লৰা-ঢপৰা আৰম্ভ কৰি ছেদেলি-ভেদেলি হৈ পৰিব৷ সেয়া হ'ব পৰাজয়ৰে পূৰ্ব লক্ষণ।

    গতিকে শৈৱানী খাই ভয়-শংকা জোকাৰি পেলাই নিজৰ বাহিনীক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক'বলৈ ধৰিলেপ্ৰয়োজন হ'লে যুদ্ধক্ষেত্ৰত প্ৰাণ বিসর্জন দিয়া, তথাপি পিচহোঁহকি নাযাবাএইদৰে কৈয়ে তেওঁ নিজৰ বচা বচা সেনাবোৰক নির্মম আদেশ দিলেযোৱা, আটায়ে একগোট হৈ শত্ৰুক বাধা দিয়া। মৰিলে মৰিবা, তথাপি বাধা দিয়া

    শৈৱানী খাঁৰ অন্তিম আশা আছিল তেওঁৰ এশজনীয়া সৰু দল এটাৰ ওপৰতশৈৱানী খাঁৰ আদেশ পাই সিহঁতে পৰাজয়ৰ সন্মুখীন হৈয়ো দেৱালৰ দৰে ফেৰপাতি থিয় হ'ল আৰু মৰণ পণ কৰি প্ৰতি আক্ৰমণৰ বাবে আগবাঢ়ি আহিলবাবৰ সেনাৰ আক্ৰমণৰ ফলত সিহঁতৰ মাথোন কেইজনমান সেনাহে জীয়াই থাকিল বাকীবোৰ ৰণত পৰিল ।

    ইতিমধ্যে কোপেকবে'ৰ সেনা আহি সেইখিনি পালেহিতাৰ চাৰিশ সেনাই বাবৰ বাহিনীক চাৰিওফালৰ পৰা আগুৰি ধৰিলে। বাবৰৰ অতি তেজী বিছজন অশ্বাৰোহীহে মাথোন কোপেক বে'ৰ সেনাৰ ব্যুহভেদ কৰি শৈৱানী খাঁৰ ফালে আগুৱাই আহিবলৈ সক্ষম হ'ল। শৈৱানী খাঁক আগুৰি থিয় হৈ সুৰক্ষা দি থকা এদল সেনা ভয়ত শৈৱানী খাঁক অৰক্ষিত অৱস্থাত এৰি থৈ পিচহোঁহকি গ' শৈৱানী খাঁই মৰসাহ কৰি নিজৰ ঠাইত থিয় হৈ শৰ নিক্ষেপ কৰিবলৈ ধৰিলে সেই শৰ নিক্ষেপে কাৰো একো ক্ষয়-ক্ষতি কৰিব নোৱাৰিলেও কোপেক বে'ৰ বাহিনীৰ মনোবল বৃদ্ধি কৰিলে । সিহঁতে সাহস পাই বাবৰ সেনাৰ ওপৰত জঁপিয়াই পৰি এজন এজনকৈ বাবৰ সেনা সিপুৰীলৈ পঠাবলৈ ধৰিলে।

    মুহূৰ্তৰ ভিতৰতে বাবৰৰ পদাতিক সেনা ছেদেলি-ভেদেলি হৈ পৰিল । সিহঁতে বাবৰৰ আদেশ পালন কৰাৰ মানসিক স্থিতিও হেৰাই পেলালে। প্ৰাণৰ ভয়ত যুদ্ধক্ষেত্ৰ এৰি পলাবলৈ ধৰিলে সিহঁতেযুদ্ধত পৰাজয়ৰ সম্ভাৱনা প্ৰকট হৈ উঠাত বহুতো বাবৰ সেনাই আৰোহীবিহীন ঘোঁৰালৈ শৈৱানী খাঁৰ দলত যোগদান কৰিবলৈ ধৰিলে। তাচকন্দৰ পৰা অহা মোগল সেনাবোৰে এইক্ষেত্ৰত আগভাগ ল'লে। কিছু সংখ্যক অশ্বাৰোহী সেনাই যুদ্ধৰ বিশৃংখল পৰিস্থিতিত শত্রু-মিত্ৰৰ চিনচাব হেৰাই নিজৰ দলৰ সেনাৰ লগতে যুদ্ধত লিপ্ত হ'ল। বহুতে আন্দিজানী আৰু চমৰকন্দী সেনাৰ পৰা ঘোঁৰা কাঢ়ি লোৱাৰ উদ্দেশ্যে আত্মঘাতী সংগ্ৰামতো লিপ্ত হ'বহুতে আকৌ নিজৰ সেনাৰপৰা ঘোঁৰা কাঢ়ি লৈ শৈৱানী খাঁৰ দলত যোগদান কৰিবলৈ ধৰিলে।

    ফলত বাবৰৰ সেনা সংখ্যা তেনেই তাকৰ হৈ পৰিল। তাকৰীয়া সেনাৰ মাজত বাবৰক অসুৰক্ষিত অৱস্থাত থিয় দি থকা দেখি মাহমুদ চুলতানৰ সেনাৰ অগ্ৰণীভাগ বাবৰৰ ফালে খেদি আহিলপৰিস্থিতি ঘোৰতৰ দেখি বাবৰে নিজৰ সেনালৈ নদীৰ ফালে নামি যাবলৈ ধৰিলে।

    এবাৰ সাপে খালে কেঁচুলৈকো ভয়শৈৱানী খাঁই আঁতৰৰ পৰা বাবৰৰ আলেখ-লেখ লক্ষ্য কৰি আছিল । বাবৰক তেনেকৈ নদীৰ ফালে নামি যোৱা দেখি তেওঁ সজাগ হৈ উঠিল। বাবৰে কোনো নতুন কৌশল প্রয়োগ কৰাৰ কাৰণেই তেনেকৈ নদীৰ ফালে নামি গৈছে বুলি ভাবি তেওঁ নিজৰ সেনাক বাবৰৰ পশ্চাদ্ধাৱন কৰিবলৈ নিৰ্দেশ দিলে

    শত্রু সেনা আগবাঢ়ি অহা দেখি বাবৰৰ অশ্বাৰোহী কেইজনে বাবৰক পলাই যোৱাৰ বাবে সুবিধা কৰি দিয়াৰ কাৰণে নদীৰ পাৰত প্ৰাচীৰৰ দৰে ফেৰপাতি থিয় হ'ল।

    নদীৰ পানী তৰাং আছিল। বাবৰে ঘোঁৰা পানীত নমাই দি যিমানদূৰ সম্ভৱ দ্ৰুতগতিত সিপাৰ অভিমুখে যাবলৈ ধৰিলে।

    বাবৰ যে প্ৰকৃতাৰ্থত পলাই গৈ আছে এই কথা বুজিবলৈ শৈৱানী খাঁৰো পলম নহ'ল। তেওঁ আনন্দত উল্লসিত হৈ উঠিলতেওঁ দুহাত আকাশৰ ফালে দাঙি আল্লাহক কৃতজ্ঞতা জ্ঞাপন কৰি ক'লেতোমাক ধন্যবাদ, হে মোৰ আল্লাহ, তোমাক বহুত বহুত ধন্যবাদএইদৰে কৈয়ে তেওঁ নিজৰ দেহৰক্ষী সেনাবোৰলৈ উদ্দেশ্য কৰি বলিয়াৰ দৰে চিঞৰি চিঞৰি 'লেযোৱা, সোনকালে যোৱা। সেনাবোৰক জনাই দিয়া, যিজনে বাবৰৰ মূৰটো আনি দিব পাৰিব তাক বাবৰৰ মূৰৰ ওজন বৰাবৰ সোণ দিয়া হ'

    দেহৰক্ষী কেইজনে নিৰ্দেশ পাই ঘোঁৰা ঢেঁকুৰাই বাবৰৰ ফালে ধাৱমান হ'ল।

    শৈৱানী খাঁ আনন্দত প্ৰায় উন্মাদ হৈ উঠিলমুহূর্তে মুহূর্তে তেওঁৰ মনৰ স্থিতি সলনি হ'বলৈ ধৰিলেসেনাবোৰ কিছুদূৰ আগবাঢ়ি যোৱাৰ পাছত তেওঁ পুনৰ চিঞৰি ক'লেনাই নাই, মোৰ সেনাসকল, বাবৰক জীয়াই জীয়াই ধৰি আনা। যিজনে বাবৰক জীৱিত অৱস্থাত ধৰি আনিব পাৰিব তাক বাবৰৰ শৰীৰৰ উচ্চতাৰ জোখত সোণৰ পূঁজি দিয়া হ'ব। সোনকালে যোৱা। বাবৰক ম‍ই মোৰ ভৰিৰ তলত চাব খুজোঁ ।

    শৈৱানী খাঁই আকাশৰফালে হাত তুলি মাটিৰ মূৰ্তিৰ দৰে নিশ্চল হৈ থিয় দি থাকিল। আল্লাহৰ ওচৰত কি বুলি প্ৰার্থনা জনাব সেই কথাও তেওঁ পাহৰি গ'ল। আনন্দত তেওঁৰ দুচকুৰে চকুপানী ওলাই আহিল। মিচিকিয়া হাঁহি মাৰি তেওঁ হাত দুখন তললৈ নমাই আনি হাতৰ পিঠিৰে চকুলো মচি পেলালে।

    বাবৰে নদী পাৰ হোৱাৰ পাছত তেওঁক সুৰক্ষা দি থকা সেনা কেইজনো নদী পাৰ হ'ল। তেওঁলোকে পৃষ্ঠ প্ৰদৰ্শন কৰি চমৰকন্দৰ ফালে ঘোঁৰা চেঁকুৰালেশৈৱানী খাঁৰ সেনা কেইজনো তেওঁলোকৰ পিছে পিছে খেদি আহিল৷

    বাবৰে সামান্য কেইজনমান সেনালৈ আহি দুৰ্গ পালেহি। ইতিমধ্যে বাবৰৰ সৰহ সংখ্যক সেনা শৈৱানী খাঁৰ লগত যোগ দিছিলহিসেয়ে বাবৰে তাকৰীয়া সেনাৰে তেওঁলোকৰ পিছে পিছে খেদি অহা বৃহৎ সংখ্যক সেনাৰ লগত যুদ্ধত লিপ্ত নহৈ পোনে পোনে দুৰ্গৰ ভিতৰলৈ সোমাই আহি দুৰ্গদ্বাৰ বন্ধ কৰি দিবলৈ আদেশ দিলে।

    বাবৰৰ আদেশত দুৰ্গদ্বাৰ বন্ধ হৈ গ'ল। দুৰ্গদ্বাৰ বন্ধ হোৱাত তেওঁলোকৰ পিছে পিছে খেদি অহা সেনাবোৰ থমকি ৰৈ গ'ল ।

    খন্তেক পাছত শৈৱানী খাঁ সসৈন্যে আহি দুৰ্গদ্বাৰ পালেহি। কিন্তু তেওঁ দুৰ্গত প্ৰবেশৰ চেষ্টা নকৰিলে। শৈৱানী খাঁই বাবৰক হাতেৰে নামাৰি ভাতেৰে মাৰাৰ সিদ্ধান্ত ল'লে।

    সিদ্ধান্ত মর্মে শৈৱানী খাই দুৰ্গ অৱৰোধ কৰাৰ সিদ্ধান্তলৈ দুৰ্গৰ চাৰিওফালে ছাউনী পাতিলে। দুৰ্গৰ ভিতৰৰ পৰা যাতে এটা প্রাণীও ওলোৱা সোমোৱা কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ তেওঁ নিজৰ সেনাবোৰক কঠোৰ নিৰ্দেশ দিলে।

    চমৰকন্দবাসীসহ বাবৰ দুৰ্গৰ ভিতৰত বন্দী হৈ পৰিলচাৰেপুল যুদ্ধৰ পৰাজয়ে বাবৰৰ ভাগ্যকাশ পুনৰ দুযোর্গৰ কলা ডাৱৰে আঁৱৰি ধৰিলে। দুৰ্গবন্দী হৈ তেওঁ অনিশ্চিত জীৱনৰ বাটত ভৰি দিলে।

 

    চৰেপুল যুদ্ধৰ সাতমাহ পাছৰ কথা

    বাবৰে উলুগ বেগমাদ্ৰাছাৰ ছাদত বহি চহৰৰ আলেখ-লেখ চাই আছিলবাবৰৰ হঠাৎ আস্তাবলৰফালে চকু গ' যিখন আস্তাবলত আগতে শ‍ই শ‍ই ঘোঁৰা বন্ধা আছিল তাত খুউব বেছি দহোটা ঘোঁৰাহে থিয় দি থকা তেওঁৰ চকুত পৰিলদৃশ্যটো দেখি বাবৰৰ অন্তৰ হাহাকাৰ কৰি উঠিল ৷

    চৰেপুলৰ যুদ্ধৰ পাছত প্ৰায় সাতমাহকাল মহাকালৰ বুকুত বিলীন হৈ গৈছে। এই সাতমাহকাল বাবৰে যুদ্ধবন্ধী হৈ দুর্বিসহ জীৱন কটাবলগীয়া হৈ আছে। জনজীৱন বিপর্যস্তদুৰ্ভিক্ষৰ তাণ্ডৱে হাতোৰা মেলি ফুৰিছে চাৰিওফালে৷ মানুহবোৰ ভোকত ছটফটাই মৰি আছেএনেকি ৰাজকীয় সদস্যসকলেও ঘোঁৰাৰ মাংস খাই জীৱন ধাৰণ কৰিব লগা হৈ আছে। দুর্ভিক্ষই এনেকৈ গ্ৰাস কৰি পেলাইছে যে, ঘোঁৰাৰ বাবে দানা-পানী যোগাৰ কৰাও বাবৰৰ বাবে কঠিন হৈ পৰিছে বৰ্তমান। বাবৰে মাদ্ৰাছাৰ ছাদৰ পৰা তাহিৰজান আৰু হালধীয়া গোঁফৰ মমতক আস্তাবলত কিবা কাম লৈ ব্যস্ত হৈ থকা দেখিলে।

    তাহিৰজান সাহসী যুৱক। তাহিৰজানেই বৰ্তমান বাবৰৰ দেহৰক্ষীসকলৰ চৰ্দাৰতাহিৰজান সাহসী ও বিশ্বাসীবাবৰৰ প্ৰতিও তাৰ অগাধ ভক্তি (পাঠকৰ ওচৰত তাহিৰৰ বিষয়ে সময়ত কিছু কথা জনোৱাৰ প্ৰতিশ্ৰুতি থাকিল। বৰ মৰ্মান্তিক আছিল সেই বিয়োগাত্মক ঘটনা)।

    চৰেপুল যুদ্ধৰ সময়ত বাবৰৰ বচা বচা সেনা কেইজনৰ ভিতৰত তাহিৰজানেই আটাইতকৈ বেছি সাহস ও বীৰত্ব প্ৰদৰ্শন কৰিছিল। যি কেইজন সেনাই নিজৰ জীৱন বিপন্ন কৰি বাবৰক জাফৰশ্বন নদী পাৰ হোৱাত সহায় কৰিছিল সেই কেইজনৰ ভিতৰত তাহিৰজান আছিল অন্যতমতাহিৰৰ ঘৈণীয়েক ৰাবিয়া বর্তমান কুতলুগ নিগাৰ বেগমৰ আটাইতকৈ বিশ্বাসী পৰিচাৰিকা। নিজৰ নিষ্ঠা, বিশ্বস্ততা আৰু কৰ্মদক্ষতাৰে তাই অলপ দিনৰ ভিতৰতে কুতলুগ নিগাৰ বেগমৰ প্রিয়পাত্রীও হৈ উঠিছেদুৰ্ভিক্ষৰ ফলত অন্নভাৱত কষ্ট পোৱা দেখি কুতলুগ নিগাৰ বেগমে তাইক নিজৰ লগতে ৰাখিছে বৰ্তমান

    ৰাবিয়াৰ অতীত ইতিহাসো বৰ কৰুণ। দুৰ্ভাগ্যই তাইক আখচীৰ পৰা চমৰকন্দলৈ লৈ আহিছিল। তাহিৰজানৰ বিষয়ে জনোৱাৰ সময়ত তাইৰ কথাও আপোনা-আপুনি প্ৰকাশ হৈ পৰিব সেই ঘটনা স্ৰোতত

    সময় বাগৰাৰ লগেলগে দুৰ্ভিক্ষৰ প্ৰকোপো বাঢ়ি আহিবলৈ ধৰিলে ৷ দুখীয়াৰ পঁজাৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে সেনা, বেগ আৰু শেষত স্বয়ং বাবৰৰ প্রাসাদলৈকো দুৰ্ভিক্ষ মুখব্যদন কৰি আগবাঢ়ি আহিল ।

    বাবৰে মনত পেলাবলৈ চেষ্টা কৰিলে তেওঁ কিমান দিন ধৰি ৰুটী খোৱা নাইআঙুলিৰ মূৰত লেখি লেখি তেওঁ হিচাপ কৰি চালে৷ আজিৰ পৰা দহ দিন আগত তেওঁ ৰুটী খাইছিলআটা কেতিয়াবাই শেষ হৈ গৈছে। কতো আটা পাবলৈ নাই। এই কেইদিন তেওঁক সোণৰ কাঁহীত কিচমিচ আৰু চৰবত দিয়া হৈছে। ৰাতি দিয়া হৈছে উটৰ শুকান মাংস। ভাগ্যৰ কি নির্মম পৰিহাস! এসময়ৰ বাদচাহ বৰ্তমান এটুকুৰা ৰুটীৰ বাবে লালায়িত!

    এপাচি সোণতকৈ এটুকুৰা ৰুটীৰ মূল্য বহু বেছি বৰ্তমান'ত ৰুটী নাই তত সোণৰ কাঁহীৰ কি প্ৰয়োজন! মনৰ ভোকতকৈ দেহৰ ভোকৰ তাড়না বহু বেছি। দেহৰ ভোক নিবাৰণ হ'লেহে মনৰ ভোক উপলব্ধি হয়। সোণে মানুহৰ দেহৰ ভোক নিবাৰণ কৰিব নোৱাৰেমনৰ ভোকহে মাথোন নিবাৰণ কৰিব পাৰেবাবৰৰ ভাৱনাত সোণৰ ভ্ৰমাত্মক প্ৰয়োজনৰ বিষয়ে এফাকি কবিতা মূৰ দাঙি উঠিল। কিন্তু পৰিস্থিতি ইমানেই সংকটময় আৰু জটিল হৈ উঠিছিল যে কবিতা লিখাৰ অৱসৰ বা মানসিকতা কোনোটোৱে তেতিয়া তেওঁৰ নাছিলকবিতাও মনৰ খোৰাককবিতাৰো দেহৰ ভোক নিবাৰণ কৰাৰ ক্ষমতা নাইবাবৰৰ বৰ্তমান দেহৰ ভোক নিবাৰণৰ প্ৰয়োজন। মনৰ খোৰাকৰ বৰ্তমান তেওঁৰ প্ৰয়োজন নাই।

    কেইদিনমান আগত বাবৰে ভোকৰ তাড়নাত ছটফটাই মৃত্যুক আঁকোৱালি লোৱা কলিজাৰ টুকুৰা ফখৰুন্নিচাক মাটি চাপা দি শুৱাই আহিছে। কিন্তু এতিয়াও ফুলকোমলীয়া ফখৰুন্নিচাৰ শুকান মুখৰ প্ৰতিচ্ছবি অৱসৰ সময়ত তেওঁৰ চকুৰ আগত ভাহি ফুৰে। সেই শুকান মুখৰ প্ৰতিচ্ছবি তেওঁ আজিলৈকে পাহৰিব পৰা নাই। ফখৰুন্নিচাৰ মুখখন স্মৃতিৰ পৰ্দাত ভাহি উঠিলেই তেওঁ কলিজাত কাঁইটৰ খোচ্ অনুভৱ কৰেহৃদয় হাহাকাৰ কৰি উঠে।

    সাতমহীয়া কেঁচুৱা ফখৰুন্নিচাসিদিনা তাই ভোক পিয়াহত খুবেই কাতৰ হৈ পৰিছিল। তাইৰ জ্ঞান নাথাকিলেও উপলব্ধি নিশ্চয় আছিল। উপলব্ধিয়ে তাইক জনাই দিছিল দেহৰ ভোকৰ কথা। ভোকৰ তাড়নাত তাই নিৰৱছিন্নভাবে চিঞৰি আছিল। ইফালে অনাহাৰ অর্ধাহাৰে থাকি শুকাই-খীনাই যোৱা আয়চা বেগমৰ বুকুত গাখীৰৰ লেশমাত্রও নাছিলসন্তানৰ মুখত স্তন গুজি দি তাই আভূৱা-ভাঁৰিবলৈ চেষ্টা কৰি আছিল

    আভুৱা-ভাঁৰি মনৰ খোৰাক যোগাব পাৰিলেও দেহৰ ভোক নিবাৰণ কৰা সম্ভৱ নহয়। গতিকে বাবৰে দৃশ্যটো চাই বিচলিত হৈ এজনী খীৰতী গাই গাখীৰৰ বাবে যোগাৰ কৰোৱাই অনাইছিল। য'ৰ পৰা গাইজনী অনাইছিল তাত হাইজাই মহামাৰী ৰূপ ধাৰণ কৰিছিল। ফলত গাইজনীৰ গাখীৰ খাই ফখৰুন্নিচাৰো এদিন হাইজা হ'ল। দুই তিনি দিন ৰোগ ভোগ কৰাৰ পাছত বাবৰৰ চকুৰ আগতে ফখৰুন্নিচাই শেষ নিঃশ্বাস ত্যাগ কৰিলে আয়চা বেগম সন্তানৰ শোকত উন্মাদপ্ৰায় হৈ পৰিল

    নিয়তিৰ বিধান যিমানেই নিষ্ঠুৰ বা অপ্রিয় নহওঁক কিয়, তাক মানি লোৱাৰ বাহিৰে কোনো উপায় নাই৷ যোৱাজন কেতিয়াও উভতি নাহেকাফনেৰে আবৃত ফখৰুন্নিচাৰ প্ৰাণহীন দেহা বাবৰে কবৰ দিবলৈ নিজে বৈ লৈ গৈছিল। চকুপানী মচি আবেগ আপ্লুত কণ্ঠত তেওঁ তেতিয়া কৈছিলহাইজাই মোক মাৰি নিনিলে কিয় ? ম‍ই মৰিলেইতো সকলো দুঃখ-কষ্টৰ অৱসান হয়। এইদৰে আক্ষেপ কৰি তেওঁ কান্দি কান্দি মৃত সন্তানৰ ওঁঠত চুমা খাইছিল।

    চকুপানী মচি বাবৰে কবৰৰ পৰা উঠিতেওঁৰ গৰ্বতেওঁৰ বিজয়ৰ প্ৰতীক ফখৰুক্মিচাক মাটি চাপা দিছিল। নিজৰ কলিজাৰ টুকুৰাকহে মাটি চাপা দিয়াৰ দৰেই তেওঁৰ অনুভৱ হৈছিল সিদিনা

    দুৰ্গৰ অভ্যন্তৰত দুঃখ-দৈন্যতা যিমানে বাঢ়িবলৈ ধৰিলে দুৰ্গৰ বাহিৰত অৱৰোধ কৰি থকা শত্রুই সিমানে উল্লসিত হৈ আনন্দ উৎসৱ উদযাপন কৰিবলৈ ধৰিলে । সাত মাহলৈকে বাবৰে অসীম ধৈর্য ধৰি হিৰাতৰ শাসক খুড়াক হোছেন বায়কাৰা আৰু তাচকন্দৰ শাসক মোমায়েক মাহমুদ খাঁৰ পৰা সহায় পোৱাৰ আশাত আশা পালি ৰৈ থাকিলবাবৰে তেওঁলোকলৈ সহায় প্রার্থনা কৰি পত্ৰও পঠালেকিন্তু সকলো আশা-ভৰসা অৰ্থহীন হৈ পৰিল। কোনেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। গতিকে তেওৰ বৰ্তমান নিজৰ ওপৰত ভৰসা কৰাৰ বাহিৰে বেলেগ উপায় নাই।

    দুৰ্গৰ ভিতৰত সংঘটিত হৈ থকা দুৰ্ঘটনাৰ খবৰ শৈৱানী খাঁই নিয়মিতভাবেই পাই আছিল। ফখৰুন্নিচাৰ মৃত্যুৰ খবৰ পাই শৈৱানী খাঁই আনন্দ উৎসৱ পৰ্যন্ত পালন কৰিছিলবাবৰৰ প্ৰতিটো দুঃখপ্রদ ঘটনাই শৈৱানী খাঁৰ হৃদয়ত আনন্দৰ লহৰ তুলিছিল আৰু আনন্দ উল্লাসত তেওঁ প্ৰেতৰ দৰে নাচি উঠিছিল। শত্রু পক্ষৰ দুর্দশাই প্রতিপক্ষৰ আনন্দবর্ধন কৰে। ই কি যে এক অমানৱীয় প্রহসন!

    বাবৰে হোছেন বায়কাৰা আৰু মাহমুদ খাঁৰ পৰা সহায় পোৱাৰ আশা নাই বুলি জানিব পাৰি শৈৱানী খাঁ পাশৱিক উল্লাসত নাচি উঠিল৷ প্রতি নিশা তেওঁৰ সেনাই ঢোল নাগাৰা বজাই চমৰকন্দবাসীক আতংকিত কৰি তুলিবলৈ ধৰিলে। শৈৱানী খাঁৰ ঘোষকসকলে দুৰ্গ দেৱালৰ ওপৰত উঠি চমৰকন্দবাসীক শৈৱানী খাঁৰ লগত হাত মিলাবলৈ আহ্বান জনাই থাকিলশৈৱানী খাঁৰ লগত হাত মিলালে মানুহবোৰক পেট পূৰাই খাবলৈ দিয়াৰ প্রলোভনো দেখুৱালে। দুবেলা দুমুঠি পেট পূৰাই খাবলৈ পোৱাৰ আশাত নিঃসন্দেহে বাবৰ পক্ষৰ বহুতো বেগ আৰু সেনা লুকাই-চুৰকৈ শৈৱানী খাঁৰ দলত যোগো দিলে।

    এদিন বাবৰৰ এজন দেহৰক্ষী চৰ্দাৰ মনে মনে পলাই গৈ শৈৱানী খাঁৰ দলত যোগদান কৰিলেহি। কথাটো শুনি বাবৰ দুখত ম্ৰিয়মান হৈ পৰিল। তেওঁ এতিয়া কাৰ ওপৰত বিশ্বাস কৰিব? কাৰ ওপৰত তেওঁ ভৰসা কৰিব এই দুদিনৰ সময়ত? কথাটো ভাবোঁতেই তেওঁৰ মনত পৰিল তাহিৰজানৰ কথাতাহিৰজানৰ আনুগত্য আৰু বিশ্বস্ততাৰ প্ৰতি সন্তুষ্ট হৈ তেওঁ ইতিমধ্যে তাহিৰজানক বেগৰ মর্যদা দিছে। গতিকে তাহিৰ বেগৰ কথা মনত পৰাৰ লগে লগে বাবৰে তাক মাতি পঠিয়ালে

    তাহিৰজান বাবৰৰ ওচৰলৈ অহাত বাবৰে ভূমিকাৰে আৰম্ভ কৰিলেতাহিৰ বেগ, আৰবী নীতিকথাত আছে, পৃথিবীয়ে তোলৈ পিঠি দিয়াৰ আগতেই তই পৃথিবীলৈ পিঠি দে। অর্থাৎ তই পৃথিবী এৰি গুচি যা। মোৰ বাবে বৰ্তমান তাৰেই সময় আহি পৰিছে। হাইজাই মোক মাৰি নিলে আটাইৰে মংগল হ'লহেঁতেন; কিন্তু হাইজাই মোক মাৰি নিনিলে।

    খোদাই আপোনাক সুৰক্ষিত ৰাখক, জাহাঁপনা। বৰ্তমান আমাৰ আশা-ভৰসাৰ স্থল মাথোন আপুনিয়ে। আপোনাৰ বাহিৰেনো আমাৰ আশা-ভৰসাৰ স্থল কোন আছে?

    তাহিৰে কথা কেইটা অতি কষ্টেৰে উচ্চাৰণ কৰিলেকাৰণ খাদ্যাভাৱত সি ইমানেই শুকাই-খীণাই গৈছিল যে তাৰ কান্ধ যেন চোলা ভেদ কৰি ওলাই অহাৰ কাৰণে বিদ্ৰোহ কৰি আছিল

    সময় পাৰ হৈ গৈ আছে তাহিৰ বেগ।বাবৰে হুমুনিয়াহ কাঢ়ি ক'লেকালি মই এই বয়েত (পংক্তি)টো লিখিছোঁ

    ডাবি-ধমকি নিদিবি যি পৃথিবীত বাবৰে আউল লগাই আছে

    এই ভাবুক পৃথিবীত কষ্টৰ বাহিৰে আৰুনো কি বাকী আছে?

    তাহিৰে মুৰ দোঁৱাই ক'লেএয়া সঁচা, জাহাঁপনা । বৰ্তমান আমাৰ জীৱনত দুঃখৰ বাহিৰে অৱশ্যেই একো নাই। কিন্তু জাহাঁপনা, মাহৰ পোন্ধৰ নিশা আন্ধাৰ আৰু পোন্ধৰ নিশা জোনাক থাকে; এতিয়াও আমাৰ বাহুত শক্তি আৰু কঁকালত তৰোৱাল ওলমি আছে জাহাঁপনা

    তেনেহলৈ এতিয়া কি কৰিব পাৰোঁ? আমি বৰ্তমান চৰম সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। এতিয়া সমগ্র শক্তি প্ৰয়োগ কৰি শত্ৰুৰ ব্যুহভেদ কৰি পলাই যোৱাৰ বাহিৰে আমাৰ বেলেগ উপায় নাই। এতিয়ালৈকে যদি আমাৰ জীৱনৰ অন্তিম ক্ষণ উপস্থিত হোৱা নাই, তেনেহ'লে আমি শত্ৰুৰ ব্যুহ ভেদ কৰি ওলাই যাবলৈ নিশ্চয় সক্ষম হ'ম আৰু যদি আমাৰ জীৱনৰ অন্তিম ক্ষণ উপস্থিত হৈছে তেনেহ'লে আমি হাতত তৰোৱাল লৈয়ে মৰিম

    আল্লাহৰ ইচ্ছাত নিশ্চয় আমি ব্যুহভেদ কৰি ওলাই যাবলৈ সক্ষম হ', জাহাঁপনা।

    মোৰ এই সিদ্ধান্তৰ বিষয়ে একমাত্র কাশিম বেগহে অৱগততুমিও ইয়াক গোপনে ৰাখিবা ৷ এইদৰে কৈ বাবৰে আবেগিক ভাবে ক'লেসাজু হোৱা দোস্ত, সাজু হোৱা ৷

    বাবৰৰ ভাগ্যত আচলতে তেতিয়াও মৃত্যু লিখা হোৱা নাছিলসিদিনা ৰাতি অৱৰোধ ভঙাৰ বিষয়ে কাশিম বেগৰ লগত আলোচনা চলি থাকোঁতে কোনো ধৰণৰ আগজাননী নিদিয়াকৈয়ে কুতলুগ নিগাৰ খানম আৰু মাতামহী এহচান- দৌলত খানম কক্ষৰ ভিতৰলৈ সোমাই আহিল৷ এহচান দৌলত বেগমে কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়াভাবে বাবৰলৈ উদ্দেশ্য কৰি ক'লেশৈৱানী খাঁই সন্ধিৰ প্ৰস্তাৱ দি পঠাইছে বাবৰজান

    সন্ধি! শব্দটো বাবৰৰ ওচৰত মুক্তিৰ দৰে মধুৰ লাগিল। কিন্তু শৈৱানী খাঁৰ কথা শুনি তেওঁৰ মনত সন্দেহ ঘনীভূত হৈ উঠিল। শৈৱানী খাঁ শান্তিকামী আৰু মুক্তিদাতা হ'ব পাৰিব জানোঁ। বাবৰে অবিশ্বাসৰ ভাৱত প্ৰথমে মাতামহী আৰু পাছত মাকৰ ফালে জিজ্ঞাসু দৃষ্টিত চালে।

    এহচান দৌলত বেগমৰ হাতত এটা ৰাজকীয় মোহৰযুক্ত খাম আছিলতাই খামটো বাবৰক দেখুৱাই ক'লেএয়া শৈৱানী খাঁৰ পয়গাম।

    কোনে আনিলে ? বাবৰে শংকা মিহলি কণ্ঠত সুধিলে।

    এজন খোদাৰ দৰবেশে। দৰবেশগৰাকী জ্ঞানী আৰু খাজা য়াহায়াৰ ভক্তবাবৰে খামৰ ফালে কৌতূহলেৰে চাই সুধিলেআপোনালৈ উদ্দেশ্য কৰি লিখা নেকি?

    নহয়। এহচান দৌলত খানমে খামটো বাবৰলৈ আগবঢ়াই ক'লেএয়া খানজাদা বেগমৰ নামত পঠাইছে।

    আচৰিত কথা! বাবৰে অৱজ্ঞা সহকাৰে খামটো হাতত লৈ বিতৃষ্ণাৰে খামটোৰ ফালে চাই থাকিল ।

    ম‍ই যি ক'ব খুজিছোঁ, সেয়া মোৰ কাৰণে কোৱাটো অৱশ্যে উচিত নহয়। এহচান দৌলতে এইদৰে কৈ কেইটামান মুহূর্ত মনে মনে থাকি পুনৰ ক'লেকিন্তু কোৱাটো অতি জৰুৰী কাৰণেই কৈছোঁ। শৈৱানী খাঁই খানজাদা বেগমৰ ৰূপ-গুণৰ কথা শুনিয়ে এই পত্ৰখন পঠাইছে।

    বাবৰে বিতৃষ্ণাৰে খামটো খুলি পত্ৰখন উলিয়াই অৱজ্ঞা মিহলি দৃষ্টিত পত্ৰখনৰ ফালে চাই মাক আৰু মাতামহীৰ ফালে এবাৰ দৃষ্টি বোলালেতাৰ পাছত ভাঁজ খুলি খানজাদা বেগমলৈ প্ৰেম নিবেদন কৰি লিখা পত্ৰৰ প্ৰথম পংক্তিটো পঢ়িয়ে ঘৃণাত তেওঁৰ নাক কোঁচ খাই ল। তেওঁ প্ৰচণ্ড খঙত পত্ৰখন মজিয়ালৈ দলিয়াই দি কৈ উঠিলএয়া কেতিয়াও সম্ভৱ নহয়। মই জীয়াই থাকোঁতে বাইদেউক কেতিয়াও এজন ঠগ, প্ৰৱঞ্চকৰ অংকশায়িনী হ'বলৈ নিদিওঁ। এইয়া মোৰ প্ৰতিজ্ঞা ৷

            বাবৰে কিন্তু হাজাৰ চেষ্টা কৰিও নিজৰ প্ৰতিজ্ঞা ৰাখিব নোৱাৰিলে। বাবৰৰ সকলো বাধা নিষেধ আওকাণ কৰি খানজাদা বেগমে নিজেই গৈ শৈৱানী খাঁৰ শিবিৰত উপস্থিত হ'কাৰণ তাই জানিছিল যে, তাই যদি শৈৱানী খাঁৰ প্ৰস্তাৱত মান্তি নহয় আহম্মদ তনৱালৰ দৰে শৈৱানী খাঁও বাবৰৰ প্ৰতি প্ৰতিহিংসাপৰায়ণ হৈ উঠিব। এই দুৰ্দিনৰ সময়ত বাবৰে কেতিয়াও তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিব। বাবৰক হত্যা কৰি হ'লেও শৈৱানী খাই তাইক অংকশায়িনী কৰিবই। বাধা দিবলৈ গৈ বাবৰে অকালতে মাথোন প্রাণহে বলি দিব লাগিবগতিকে তাই বাবৰৰ প্ৰাণ বচাবলৈ সিদ্ধান্ত লৈয়ে বাবৰৰ অনিচ্ছা সত্বেও শৈৱানী খাঁৰ শিবিৰলৈ গুচি ল।

    খানজাদা বেগমৰ সিদ্ধান্তত বাবৰ গ্লানি, ক্ষোভ, আক্রোশ, বিতৃষ্ণাত প্রায় উন্মাদপ্ৰায় হৈ উঠিলনিৰুদ্ধ যন্ত্ৰণাত জৰ্জৰিত হৈ তেওঁ দুৰ্গদ্বাৰ খুলি দিবলৈ আদেশ দিলে- খুলি দিয়া দুৰ্গদ্বাৰ এই পৃথিবীত কোনেও মোৰ আপোন নহয়কাকো বিশ্বাস কৰিবও নোৱাৰি। ইমান অনুৰোধৰ পাছতো বাইদেৱে মোৰ মান-সন্মান ভূলুণ্ঠিত কৰি শত্ৰুৰ অংকশায়িনী হ'বলৈ গ'ল। এই পৃথিবীত কোনেও মোৰ বেদনা উপলব্ধি কৰিব নোৱাৰিলে। মই আৰু এটা মুহূর্তও চমjকন্দত নাথাকো। দুৰ্গদ্বাৰ খুলি দিয়া ।

            বাবৰৰ আদেশত অতি সাৱধানে দুৰ্গদ্বাৰ খুলি দিয়া হ'ল। বাবৰে তেওঁৰ বিশ্বাসী বেগ, সৈন্য-সামন্ত, আত্মীয়-স্বজনলৈ খোলা দুৱাৰেদি মনে মনে দুৰ্গৰপৰা ওলাই আহিল। বহুতেই পাছত কোৱা-মেলা কৰা শুনা গৈছিল, যে খানজাদা বেগমৰ সলনি শৈৱানী খাই নিজেই বাবৰক পলাই যোৱাৰ কাৰণে সুযোগ কৰি দিছিল। যিয়েই নহওঁক কিয়, বাবৰ নিৰাপদেই তাচকন্দৰ শাসক মাহমুদ খাঁৰ ওচৰলৈ আহিবলৈ সক্ষম হ'

            তাচকন্দলৈ অহাৰ পাছত বাবৰে মোমায়েকৰ পৰা উষ্ম সম্বৰ্ধনা পোৱাৰ পৰিবৰ্তে অৱজ্ঞাপূর্ণ ব্যৱহাৰহে পালেতথাপি সকলো লাজ, অপমান কাতি কৰি থৈ তেওঁ মোমায়েকৰ ওচৰত সৈন্য সাহায্য প্রার্থনা কৰিলে। তেওঁ মোমায়েকক বুজাবলৈ চেষ্টা কৰিলে যে, শৈৱানী খাঁ এজন নিষ্ঠুৰ ও লোভী শাসক। তদুপৰি তেওঁ মোগলসকলৰ ঘোৰ শত্ৰুসমগ্র মাউৰা উন্নহৰৰ পৰা মোগল শাসন ওফৰাই পেলোৱাটোৱে তেওঁৰ জীৱনৰ প্ৰধান ব্ৰত। গতিকে অচিৰে তেওঁক দমন কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে তেওঁ তাচকন্দৰ ওপৰত আক্ৰমণ চলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰিমোগলসকলৰ সুৰক্ষাৰ বাবেই শৈৱানী খাঁ অধিক শক্তিশালী হৈ উঠাৰ আগতেই তেওঁক দমন কৰাটো বুদ্ধিমানৰ কাম হ'ব। কিন্তু মাহমুদ খাঁই বাবৰৰ প্ৰস্তাৱত মুঠেই গুৰুত্ব নিদিলেতলে তলে তেওঁ শৈৱানী খাঁৰ লগত বন্ধুত্ব কৰাৰহে সিদ্ধান্ত ল'লে।

            মাহমুদ খাঁৰ দ্বাৰা প্ৰত্যাখ্যাত হৈ বাবৰ লাজ অপমানত জৰ্জৰিত হৈ পৰিলতেওঁৰ মনত জাগি উঠিল অসহ্যকৰ ব্যথাৰ অনুভূতি। নিৰুদ্ধ অভিমানত তেওঁ তাচকন্দ এৰি উৰাতেপালৈ যোৱাৰ সিদ্ধান্ত ল'লে

            বাবৰে এদিন আয়চা বেগমৰ ওচৰত উৰাতেপালৈ যোৱাৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰিলে। আয়চাৰ বায়েক ৰেজিয়া বেগমো তাত উপস্থিত আছিল। আয়চা বেগমে কোনো মন্তব্য কৰাৰ আগতেই ৰেজিয়া বেগমে প্ৰস্তাৱটোৰ বিৰোধিতা কৰি হাত নচুৱাই নচুৱাই ক'বলৈ ধৰিলেআপোনালোক যায় যদি যাওঁক, কিন্তু আয়চাক আপোনালোকৰ লগত যাবলৈ নিদিওঁ। আয়চাই জীৱনত বহু কষ্ট সহিবলগীয়া হৈছে। এওঁৰ স্বাস্থ্যও এতিয়ালৈকে সম্পূৰ্ণৰূপে ভাল হৈ উঠা নাই । গতিকে মই এওঁক এই ভগ্নস্বাস্থ্যলৈ উৰাতেপালৈ যাবলৈ নিদিওঁ। বেচেৰীয়েনো জীৱনত কিমান দুর্ভোগ সহ্য কৰিব!

    কিন্তু কৰিম কি? আমাৰ কপালত যে দুর্ভোগেই লিখা আছে।

    ক্ষমা কৰিব মির্জা, মানুহৰ ভাগ্য কপালত লিখা নাথাকে লিখা থাকে মগজুতহে।

    তথাপিও এখন নাওত উঠা যাত্ৰীৰ ভাগ্য একেই নহয় নে বাৰু?

    ভালেই কৈছে মির্জা, একেই ভাগ্য। আয়চাৰ এই দুৰ্ভাগ্যৰ কাৰণে তাই নিজে দায়ী নহয়দায়ী আপুনিহে। আয়চাৰ এই দুৰ্ভাগ্য আপোনাৰে অৱদান। অনাহাৰ, অৰ্ধাহাৰে ছটফটাই এওঁ মাথোন হাড় কেইডাললৈহে ইয়ালৈ আহিছে। ইয়ালৈ অহাৰ পাছত স্বাস্থ্য কিছু ভাল হৈছে যদিও সম্পূর্ণৰূপে ঠিক হৈ উঠা নাই। আপুনি স্বাস্থ্য ঠিক হোৱাৰ আগতেই পুনৰ দুৰ্ভোগৰ বাটত ভৰি দিবলৈ আহ্বান জনাই আছে। এয়া জানো আপোনাৰ উচিত হৈছে?

    ৰেজিয়া বেগমৰ মন্তব্যত বাবৰ মৰ্মাহত হ'ল। শাওণ মহীয়া পথাৰৰ দৰে তেওঁৰ মন সেমেকি উঠিল। কিন্তু ৰেজিয়া বেগমৰ লগত অধিক যুক্তি তর্ক কৰিবলৈয়ো তেওঁৰ প্ৰবৃত্তি নগ'ল৷ গতিকে তেওঁ আয়চাক তাচকন্দতে এৰি থৈ যোৱাৰ সিদ্ধান্ত লৈ আহত কণ্ঠত ক'লেবাৰু, আপোনাৰ কথাই মানিলোঁ। আয়চা বেগম বর্তমান ইয়াতে থাকককেতিয়াবা যদি আমাৰ জীৱনাকাশৰ পৰা দুৰ্ভাগ্যৰ কলা ডাৱৰ আঁতৰাই পঠিয়াবলৈ সক্ষম হওঁ তেতিয়াই তাইক লগত থাকিবলৈ লৈ যামহি। এতিয়া হ'বনে বেগম? বাবৰে শেষৰ কথা ফাকি আয়চা বেগমলৈ উদ্দেশ্য কৰি ক'লে

    ইমান সময় আয়চা বেগমে বায়েক আৰু বাবৰৰ যুক্তি তৰ্ক শুনি আছিল তাই বাবৰৰ শেষ সিদ্ধান্তৰ কথা শুনি নিৰ্বিকাৰভাবে ক'লেআপুনি মোক ইয়াত কেইদিন মানৰ কাৰণে এৰি থৈ যোৱাৰ কথা কৈছে; তাতকৈ বৰং আপুনি মোক একেবাৰে আজাদী দি থৈ যাওঁক।

    আয়চা বেগমৰ কথাত বাবৰ অপ্ৰস্তুত হৈ পৰিলখং অভিমানৰ পৰিবৰ্তে তেওঁৰ হৃদয়ত বিতৃষ্ণাহে ধূমায়িত হৈ উঠিল। প্রচণ্ড বিতৃষ্ণাৰ উন্মত্ত মাতাল প্রবাহে তেওঁৰ চিত্তলোকৰ তটভূমিত আঘাত কৰি তেওঁক অস্থিৰ কৰি তুলিলেআয়চাই তেওঁৰপৰা আজাদী বিচাৰিছে? ইমান দিনৰ দাম্পত্য প্ৰেমৰ উচ্ছ্বসিত প্রবাহ তাই চিৰদিনৰ কাৰণে স্তব্দ কৰি দিব খুজিছে? তেওঁৰ প্ৰতি আয়চাৰ ভালপোৱা ইমান ঠুনুকা নেকি? যাৰ কাৰণে তাই দুৰ্ভাগ্যৰ সকলো দোষ তেওঁৰ ওপৰত জাপি দি তেওঁৰপৰা আজাদী বিচাৰিছে। আকৌ ভাবিলে, ঠিকেইতো আয়চাই তেওঁৰ কাৰণেইতো দুর্ভোগ সহিবলগীয়া হৈছে। তাই যাতে আৰু দুৰ্ভোগ সহিবলগীয়া নহয় তাৰেই ব্যৱস্থা তেওঁ কৰিবআয়চাই বিচৰা মতেই তাইক তেওঁ আজাদী দিব..... চিৰদিনৰ কাৰণে আজাদী......

    এইবোৰ কথা মনতে ভাবি বাবৰে শান্ত সমাহিত কণ্ঠত ক'লে তাৰমানে আপুনি মোৰ পৰা তালাক (বিচ্ছেদ) বিচাৰিছে? ঠিক আছে, আপুনি বিচৰামতেই কাম কৰা হ'ব। আজিৰ পৰা আপোনাৰ পিঠি মোৰ আইৰ পিঠি। মই আপোনাক চিৰদিনৰ কাৰণে ত্যাগ কৰিলোঁ তালাক! তালাক!! তালাক !!!

    বাবৰে বাষ্পাৰূদ্ধ কণ্ঠত কথাকেইটা কৈ তিনিবাৰ তালাক শব্দ উচ্চাৰণ কৰি এখন্তেকো অপেক্ষা নকৰি দ্ৰুত কক্ষৰ পৰা ওলাই আহিল

    এইদৰেই বাবৰৰ প্ৰথম প্ৰেমৰ সমাধি হ'ল।

পাচদিনাই বাবৰে বিশ্বাসী বেগ আৰু আত্মীয়-স্বজনলৈ উৰাতেপা অভিমুখে ভাগ্যৰ আন্বেষণত যাত্ৰা কৰিলে ।

    উৰাতেপালৈ আহি বাবৰে দহকত নামৰ এখন গাঁৱত ছাউনী পাতিলে। গাঁৱৰ মানুহবোৰে উষ্ম সম্বৰ্ধনা জনাই সন্মান সহকাৰে বাবৰক আদৰি ল'লে। গাঁৱৰ মানুহৰ আত্মিক আতিথেয়তাত তেওঁ মুগ্ধ হ'আৰাম আয়াসেৰে তেওঁৰ কর্মহীন দিনবোৰ পাৰ হ'বলৈ ধৰিলেকিন্তু কিছুদিনৰ ভিতৰতে তেওঁৰ কর্মহীন অলস জীৱন ভাল নলগা হ'কর্ম বিমুখ বৈচিত্রহীন জীৱনৰ প্ৰতি তেওঁ আমনি অনুভৱ কৰিবলৈ ধৰিলে। গাঁৱৰ উদ্যমী কর্মমুখৰ মানুহবোৰৰ উৎসাহ উদ্দীপনা আৰু পৰস্পৰৰ প্ৰতি পৰস্পৰৰ অকৃত্রিম হৃদ্যতা দেখি ৰাজ্য শাসনৰ প্ৰতি তেওঁৰ বিতৃষ্ণা ওপজি গ'

    ছাউনীৰ পৰা ওলাই বাবৰে মাজে সময়ে পথাৰে পথাৰে কৃষকসকলৰ মাজে মাজে ঘূৰি ফুৰিবলৈ ধৰিলে ।

    কৃষক সকলে পথাৰত কোৰ মাৰেতেওঁ তন্ময় হৈ সিহঁতলৈ চাই ভাবে, এই কর্মবলীয়া উদ্যমী মানুহবোৰ কিমান সুখী। ইহঁতৰ ৰাজ্যলোভ নাইঐশ্বৰ্যৰ লোভ নাইআছে মাথোন চেনেহ, মৰম, ভালপোৱামানুহৰ প্ৰতি মানুহৰ অকৃত্রিম হৃদ্যতা। ৰাজ্যলোভে ইহঁতক প্রলোভিত নকৰেঐশ্বৰ্যৰ চাক্‌চিক্যই ইহঁতৰ চকুত লালসাৰ জুই নজ্বলায়। চকুৰ দৃষ্টি অন্ধ নকৰে। দুবেলা দুমুঠি খাবলৈ পালেই ইহঁতে বেহেস্তৰ সুখ অনুভৱ কৰে। এজন বাদচাহতকৈ এজন সহজ সৰল কৃষক যেন বহু বেছি সুখী! বাবৰে কৰ্মৰত কৃষকসকললৈ চাই এইবোৰ কথা ভাবি তন্ময় হৈ পৰে ৷

    বাবৰে এদিন এইবোৰ কথা ভাবি থাকোঁতে মনৰ খেয়ালত জোতা খুলি খালী ভৰিৰে খোজ কাঢ়িবলৈ ধৰিলে। তাহিৰ বেগ ওচৰতে আছিল। বাবৰক খালী ভৰিত খোজকাঢ়া দেখি সি উদ্বিগ্ন হৈ উঠিল। সি জোতা লৈ বাবৰৰ ওচৰলৈ আহি জোতাযোৰ নিজৰ বুকুৰ মাজত ধৰি ক'লেজাহাঁপনা, আপুনি খালী ভৰিৰে খোজকাঢ়াটো শোভা নাপায়। জোতা পিন্ধক

    মই তোমালোকৰ দৰে খালী ভৰিত থাকিম, তাহিৰ বেগ। তোমালোকে যদি খালী ভৰিৰে খোজকাঢ়িব পাৰা মইনো কিয় নোৱাৰিম?

    আপোনাৰ আৰু আমাৰ মাজত বহু পার্থক্য, জাহাঁপনা । আপুনি বাদচাহ আৰু আমি আপোনাৰ দাস। এই গাঁৱৰ মানুহবোৰে আপোনাক কিমান সন্মান কৰে, আপুনি জানো লক্ষ্য কৰা নাই, জাহাঁপনা ?

    অৱশ্যে তাহিৰে কোৱা কথা মিছা নহয়গাঁৱৰ মানুহবোৰে বাৰৰ আগেদি যাওঁতে সদায় মূৰ দোঁৱাই যায়। তেওঁক বাটত খোজকাঢ়া দেখিলে সসন্মানে বাট এৰি দিয়ে

    কিন্তু মানুহবোৰে মোক কিয় ইমান সন্মান কৰে, মোৰতো এতিয়া ৰাজ্য নাই।

    হাতী মৰিলেও তাৰ মূল্য লাখ টকা, জাহাঁপনা। ৰাজ্য নাথাকিলেও আপোনাৰ ধমনীৰ পৰা এতিয়ালৈকে ৰাজকীয় তেজৰ গতি স্তব্দ হৈ যোৱা নাইধৈর্য নেহেৰুৱাব জাহাপনাসদায় এই দুর্দিন নাথাকে, সুদিন এদিন নিশ্চয় আহিব

     বাৰু, তোমাৰ কথাই মানিলোঁ। দিয়া, জোতা দিয়াএইদৰে কৈ বাবৰে তাহিৰৰ হাতৰ পৰা জোতাযোৰ ল'লে। কিন্তু তেওঁ জোতা নিপিন্ধিলেজোতাযোৰ হাতত লৈয়ে তেওঁ অন্যমনস্কভাবে লাহে লাহে ওচৰত থকা চাপৰ টিলা এটাৰ ওপৰলৈ উঠি আহিল। টিলাৰ ওপৰলৈ উঠি আহি তেওঁ এচটা শিলৰ ওপৰত জোতাযোৰ নমাই থৈ নিজেও শিলচটাৰ ওপৰত বহি পৰিলতাৰ পাছত তেওঁ অৱসন্নভাবে নিজৰ দুৰ্ভাগ্যৰ কথা ভাবিবলৈ ধৰিলে ৷

    টিলাৰ পৰা অনতিদূৰতে এখন নদী বৈ আছিলখৰালিৰ নদী । তৰাং পানী। মাথোঁ একাঁঠু। হঠাৎ তেওঁৰ নদীৰ ফালে চকু গ'ল ৷ নদীৰ বুকুৱেদি তেওঁ এজন অশ্বাৰোহীক ঘোঁৰা চেঁকুৰাই আহি থকা দেখিলে৷ অশ্বাৰোহীজন তেওঁ বহি থকা টিলাটোৰ ফালেই আহি আছিল। টিলাৰ কাষ চাপি অহাত তেওঁ লক্ষ্য কৰিলে, অশ্বাৰোহীজন আন কোনো নহয়- কাশিম বেগহে।

    ৰাজ্য হেৰুৱাৰ পাছত বাবৰৰ অধীনস্থ বেগ আৰু সেনাসকলৰ কৰিবলৈ কোনো কামেই নাছিল। প্রথম কেইদিনমান আশ্ৰয় লৈ থকা গাঁৱখনৰ মানুহেই স্বতঃস্ফূর্তভাবে তেওঁলোকক খাদ্য সামগ্রী যোগান ধৰিছিল। কিন্তু গাঁৱৰ মানুহখিনিৰ সামৰ্থ আছিল তেনেই সীমিত। গতিকে সিহঁতৰ ওপৰত বেছি দিন বহি খোৱাটো সম্ভৱ নাছিল। এই কথা উপলব্ধি কৰিয়ে বেগ আৰু সেনাসকল পেটৰ ভাতমুঠি মোকলাবলৈ স্বতঃস্ফূর্তভাবে কৃষি কৰ্মত লাগি গৈছিল। কিন্তু কাশিম বেগ কৃষি কৰ্মত অভ্যস্ত নাছিল। গতিকে বাবৰে তেওঁক কৰ্মৰ সন্ধান কৰিবলৈ হিচাৰলৈ পঠিয়াই দিছিল।

    বাবৰক টিলাৰ ওপৰত বহি থকা দেখি কাশিম বেগ ঘোঁৰাৰ পৰা নামি ঘোঁৰাটো এজোপা গছৰ লগত বান্ধি থৈ টিলাৰ ওপৰলৈ উঠি আহিল। বাবৰৰ ওচৰলৈ আহি তেওঁ মূৰ দোঁৱাই অভিবাদন জনাই বাবৰৰ কুশল বাতৰি সুধিলেআপোনাৰ ভালনে জাহাঁপনা?

    বাবৰে সন্মতিসূচক মূৰ দুপিয়াই ক'লেহয়, ভালেই আছোঁ। পিছে, আপুনি কাম পালে জানো ?

    হয়, পাইছোঁ। হিচাৰৰ ৰাজদৰবাৰত সামান্য এটা কাম। এইদৰে কৈয়ে কাশিম বেগে মুহ্যমানৰ দৰে ক'লেআপোনাৰ ভৱিষ্যত বাণী আখৰে আখৰে ফলিয়াইছে, জাহাঁপনা। শৈৱানী খাঁই মাহমুদ খাঁক হত্যা কৰিছে। মাহমুদ খাঁৰ ষোল্ল বছৰীয়া জীয়েক মুঘল খানমক শৈৱানী খাঁই নিজে বিয়া কৰাইছে আৰু মাহমুদ খাঁৰ ভনীয়েক দৌলত খানমক শৈৱানী খাঁৰ দদায়েকৰ পুতেক তৈমূৰ চুলতানে বিয়া কৰাই তৃতীয় বিবিৰ মৰ্যদা দিছে।

    খবৰটো দেখাত বাবৰৰ কাৰণে উৎসাহব্যঞ্জক আছিল যদিও প্রকৃতার্থত খবৰটো তেওঁৰ কাৰণে খুবেই বেদনা ও হতাশাজনক আছিল। খবৰটো শুনি তেওঁ বিষাদ বেদনাত ম্রিয়মান হৈ পৰিল। মাহমুদ খাঁই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি অপমান কৰিলেও তেওঁ মোমায়েকৰ ইমানখিনি নিৰ্মম পৰিণতি আশা কৰা নাছিলমোমায়েকৰ মৃত্যু সংবাদ আৰু পৰিয়ালবৰ্গৰ লাঞ্ছনাৰ কথা শুনি তেওঁ বিচলিত হৈ উঠিলভয়ার্ত শংকা মিহলি দৃষ্টিত তেওঁ কাশিম বেগলৈ চাই সেমেনা-সেমেনি কৰি সুধিলেআয়চা বেগম, আয়চা বেগমৰ কি হৈছে?

    আয়চা বেগমক শৈৱানী খাঁৰ পঁচপন্ন বছৰীয়া বেগ কিচ্‌কিচি চুলতানে আৰু ৰেজিয়া বেগমক জানী বেগ নামৰ বেগ এজনে নিকাহ কৰাইছে।

    কাশিম বেগৰ কথা শুনি বাবৰে দুহাতেৰে মুখ ঢাকি চিঞৰি উঠিলউঃ- কেনে ঘৃণাৰ কথা!

    আয়চা বেগমৰ দুৰ্দশা আৰু কলহপ্ৰিয় মদগৰ্বী ৰেজিয়া বেগমৰ পেটুৱা জানী বেগৰ লগত বিয়া হোৱাৰ কথা শুনি বাবৰৰ হৃদয় বিষাদাচ্ছন্ন হৈ উঠিল। কাশিম বেগে বাবৰৰ কাণৰ ওচৰলৈ মুখ আনি ফুচফুচাই ক'লেজাহাঁপনা, শৈৱানী খাঁৰ পুতেক আৰু বেগসকলে সমগ্র মাউৰা উন্নহৰ দখলৰ সপোন দেখি আছে। বর্তমানে সিহঁতে আন্দিজানৰ ফালেও শেন দৃষ্টি মেলিছে। অদূৰ ভৱিষ্যতে সিহঁতে উৰাতেপালৈকো হাতোৰা মেলাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আমি এতিয়া ইয়াত বেছিদিন ৰৈ থকাটো নিৰাপদ নহ', জাহাঁপনা। আমি যিমানদূৰ সম্ভৱ সোনকালে পাহাৰ পাৰ হৈ হিচাৰলৈ গুচি যোৱাই বুদ্ধিমানৰ কাম হ'ব।

    হিচাৰৰ শাসক খচৰুৰ কথা মনত পৰাৰ লগে লগে বাবৰৰ চকুৰ আগত খচৰুৰ এক হিংস্র ও নিষ্ঠুৰ প্ৰতিচ্ছবি ভাহি উঠিলখচৰুই বাবৰৰ খুৰাকৰ ল'ৰা বায়সংকুৰৰ পৰা সিংহাসন কাঢ়ি লৈছিল আৰু সিংহাসনৰ আন এজন উত্তৰাধিকাৰীৰ চকুত লোৰ তপত শলা শালি ভৱিষ্যতে যাতে সিংহাসন দাবী কৰিব নোৱাৰে তাৰ বাবে অন্ধ কৰি দিছিল। সেই মর্মান্তিক ঘটনা মনত পৰাৰ লগে লগে বাবৰে কৈ উঠিলকিন্তু বেগ চাহাব, আকাশৰ পৰা সৰি পৰি খেজুৰৰ কাঁইটত বিদ্ধ হৈ ওলমি থকাৰ কি প্রয়োজন? তাতকৈ আকাশত ওলমি থকাই ভাল নহয়নে?

    নাই নাই, জাহাঁপনা, মই খচৰুৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ কথা ক'ব খোজা নাই। ম‍ই যোৱা বছৰৰ পৰা হিচাৰৰ বেগসকলৰ লগত গোপনে কথা পাতি আছোঁবেগসকলৰ সৰহ সংখ্যকেই খচৰুৰ ওপৰত অসন্তুষ্ট। সিহঁতে কোৱামতে খচৰু নীচ বংশজাত এজন সৈনিকৰ সন্তান। হিচাৰৰ ওপৰত তেওঁৰ হেনো কোনো অধিকাৰ নাই ৷ আপুনি তালৈ গ'লে বেগসকলে আপোনাৰ লগত সহযোগ কৰিব। এই বিষয়ে মই নিশ্চিত।

    পুনৰ সিংহাসনৰ কাৰণে কুকুৰৰ দৰে টনা-আঁজোৰা? নাই নাই, বেগ চাহাব, সিংহাসনৰ প্ৰতি বৰ্তমান মোৰ মুঠেই আকর্ষণ নাই। এতিয়া মোৰ নিৰ্জনতাৰ প্রয়োজন। এনেকুৱা নিৰ্জনতা যত বহি মই কবিতা লিখিব পাৰোঁকবিতাৰ বাহিৰে মই বর্তমান একোকে নিবিচাৰোঁ। মই মুকুটধাৰীসকলক টানি বন্ধা শিকলি চিঙি স্বাধীন হ'ব বিচাৰোঁ। মই যি শক্তিশালী, ভব্য, জাকতজিলিকা মাউৰাউন্নহৰৰ সপোন দেখিছিলোঁ, তাত মই অসফল হৈছোঁ। মৰা-মৰি, কটা-কটি, হিংসা-দ্বেষ ভৰা জীৱন মই নিবিচাৰোঁ৷ প্ৰকৃতিৰ বুকুত মই মুক্তভাবে জীয়াই থাকিব বিচাৰোঁ।

    কথাবোৰ কওঁতে বাবৰৰ দৃষ্টিপথত যেন অন্ধকাৰ নামি আহিল। তেওঁ থৰক-বৰক কৰিবলৈ ধৰিলে।

    কাশিম বেগে বাবৰক সাৱটি ধৰিলে। বাবৰে অসহায়ৰ দৰে কাশিম বেগৰ ফালে চালে। তেওঁ লক্ষ্য কৰিলে, কাশিম বেগৰ চকুৰ পৰা লোতক বাগৰি আছে। কাশিম বেগৰ চকুত লোতক দেখি বাবৰৰ মন সেমেকি উঠিল। কাশিম বেগক শান্ত্বনা দিয়াৰ কাৰণে ক'লে তেওঁ- দুখ নকৰিব বেগ চাহাব৷ মোৰ সিদ্ধান্তৰ কথা পাছত আপোনাক মই জনাম বাৰুএতিয়া বলক ছাউনীলৈ যাওঁগৈ ৷

    ভাৰাক্ৰান্ত মনেৰে দুয়ো টিলাৰ পৰা নামি ছাউনীলৈ আহিল । পুনৰ হিচাৰত লগ হোৱাৰ প্ৰতিশ্ৰুতি দি কাশিম বেগ পাচদিনাই হিচাৰলৈ গুচি গ'

    কেইদিনমান পাছত স্তেপীবাসী বাবৰ সেনা কেইজনমানে চহৰলৈ বজাৰ কৰিবলৈ গৈ খবৰ লৈ আহিল যে, শৈৱানী খাঁৰ সেনা উৰাতেপালৈকে আহি পাইছে। শৈৱানী খাঁ বৰ্তমান আকতংগী নামৰ ঠাই এডোখৰত ছাউনী পাতি আছে। আকতংগীৰ দূৰত্ব বাবৰে আশ্ৰয়লৈ থকা দহকতৰ পৰা মাথোন পোন্ধৰ মাইল। শৈৱানী খাঁৰ তালাচী কুকুৰবোৰে যিকোনো মুহূৰ্তে দহকতলৈকো আহিব পাৰে। কাৰণ শৈৱানী খাঁই বাবৰৰ মূৰৰ পৰিবৰ্তে এক বুজন পৰিমাণৰ সোণ পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে হেনো। গতিকে দহকতৰ পৰা গুচি যোৱাই বুদ্ধিমানৰ কাম হ'ব বুলি সেনা কেইজনে বাবৰলৈ পৰামৰ্শ আগবঢ়ালে

    কুতলুগ নিগাৰ বেগমে খবৰটো শুনি উৎকণ্ঠিতভাবে বাবৰৰ ওচৰলৈ আহি ক'লেআপুনিয়ে আমাৰ আটাইৰে একমাত্ৰ আশা-ভৰসাৰ স্থলএতিয়া আপোনাৰ বৈৰাগী হোৱাৰ সময় নহয়। আপোনাক আটায়ে এতিয়াও বাদচাহ হিচাপে সন্মান কৰে৷ হিচাৰ আৰু অন্যান্য ঠাইৰ বেগসকলেও আপোনাৰ বাবে অপেক্ষা কৰি আছে। শৈৱানী খাঁৰ মানুহে পৰ্যন্ত আপোনাৰ মুখলৈ চাই আছেতদুপৰি এই গাঁৱৰ মানুহখিনিৰ প্ৰতিও আপোনাৰ কৰ্তব্য আছে। আপুনি এইখন গাঁৱত থাকিলে গাঁৱৰ মানুহখিনিৰ ওপৰতো শৈৱানী খাঁই জুৰ-জুলুম কৰিব পাৰেগতিকে আপুনি এইখন গাঁৱ এৰি গৈ গাঁৱৰ মানুহখিনিক অযথা অন্যায়-উৎপীড়নৰ পৰা ৰক্ষা কৰা কৰ্তব্য।

    বাবৰে ভাবিলে, মাকে কোৱা কথা সম্পূৰ্ণৰূপে সঁচাতেওঁৰ ওপৰত ভৰসা কৰা, তেওঁৰ হৈ অস্ত্ৰধাৰণ কৰা মানুহখিনিক নেতৃত্ব দিয়া সঁচাকৈয়ে তেওঁৰ নৈতিক দায়িত্ব

    খালী ভৰিৰে খোজকাঢ়াৰ পাছতো দুৰ্ভাগ্যই বাবৰৰ লগ নেৰিলে। তেওঁ মোমায়েক শ্বেৰিম বেগক মাতি আনি ক'লেমোমাইদেউ, আমি ইয়াত ৰৈ থকাটো মুঠেই নিৰাপদ নহয় । গতিকে মই ইয়াৰ পৰা গুচি যাবলৈ সিদ্ধান্ত লৈছোঁ ৷

    কলৈ যোৱাৰ কথা ভাবিছে, জাহাঁপনাশ্বেৰিম বেগে চিন্তিত কণ্ঠত সুধিলে

     কাশিম বেগে মোক হিচাৰলৈ যোৱাৰ বাবে পৰামৰ্শ দিছিল। কিন্তু ম‍ই বৰ্তমান হিচাৰলৈ যোৱাটো ঠিক নহ'ব বুলি ভাবিছোঁ। গতিকে বর্তমান ম‍ই ইচ্‌ফাৰালৈকে যাম। ইচ্‌ফাৰালৈ যোৱাৰ পাছতহে বেলেগ কথা চিন্তা কৰিম৷ বর্তমান কাশিম বেগ নাই। গতিকে মই আপোনাক উজীৰ-এ-আজম পদত সাময়িকভাবে নিযুক্ত কৰিলোঁ। আপুনি সেনাসকলক সাজু হ'বলৈ নিৰ্দেশ দিয়ক। আমি আজি ৰাতিয়ে দহকত এৰি গুচি যামহি

    বাবৰে পুনৰ যুদ্ধৰ সাজ পিন্ধি ল'লেসেই নিশাই তেওঁ সেনাবাহিনী আৰু আত্মীয় পৰিজন লৈ পূবদিশৰ ইচ্‌ফাৰা অভিমুখে ভাগ্য অন্বেষণৰ বাবে যাত্ৰা কৰিলে

 

 

    ইচফাৰা!

    বাবৰ এটা টিলাৰ ওপৰত বহি আছিল। টিলাৰ পাদদেশেদি শিলে শিলে ঠেকা খাই সংগীতৰ মূৰ্চ্ছনা তুলি বৈ আছিল ইচফাৰা নদী।

    বাবৰ খোজন্দৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি চাই আছিল। অনতিদূৰত ৰিণিকি ৰিণিকি দৃষ্টি পথত পৰা পাহাৰৰ ঢাল আৰু শিখৰৰ ওপৰত ভাহি ফুৰা মেঘৰ ছাঁ পৰি আছিল। হিমাচ্ছাদিত পাহাৰ শিখৰৰপৰা স্নিগ্ধ মনোৰম চেঁচা বতাহ বৈ আহি বাবৰৰ গাত লাগি আছিল

    বতাহৰ চেঁচা স্নিগ্ধ আলফুল পৰশে বাবৰৰ মনত ভাৱৰ লহৰ তুলিলে। তেওঁৰ মানসপটত ভাহি উঠিল পাহাৰৰ সিপাৰে থকা দেশবোৰৰ দৃশ্য।

    পাহাৰৰ সিপাৰে এসময়ৰ কোলাহল মুখৰ আৰু বৰ্তমান কিঞ্চিত ম্রিয়মান হৈ পৰা তাচকন্দ। কিছুদিন আগলৈকো তেওঁ স্বাধীনভাবে বিচৰণ কৰি ফুৰা জিজ্জখ, চমৰকন্দ, মাৰ্গিলান আৰু আন্দিজানৰ ধূসৰ ছবি তেওঁৰ মানসপটত ভাহি উঠিল। কিন্তু বৰ্তমান মাউৰা উন্নহৰত এনে কোনো ঠাই নাই য'ত বাবৰে শান্তিৰে বসবাস কৰিব পাৰেমাউৰা উন্নৰসকলো ঠাই এতিয়া শৈৱানী খাঁ আৰু আহম্মদ তনৱালৰ দখলত। য'ত বাবৰৰ বাবে থিয় দিবলৈও এটুকুৰা ঠাই নাই। ভাগ্যৰ কি নিৰ্মম পৰিহাস! ভাবিলে বাবৰে

    শ্বেৰিম বেগে কেইদিনমানৰ পৰা বাবৰক খোৰাচানলৈ যোৱাৰ বাবে কুতুৰি আছে।

    কিন্তু বাবৰ শ্বেৰিম বেগৰ লগত সহমত হ'ব পৰা নাইতেওঁৰ ধাৰণা, এবাৰ মাউৰা উন্নহৰ ত্যাগ কৰিলে চিৰদিনৰ বাবে তেওঁ জন্মভূমিৰ পৰা বঞ্চিত হ'ব লাগিব। পুনৰ তেওঁ জন্মভূমিৰ মাটিত ভৰি থব নোৱাৰিব। জন্মভূমি- মাতৃভূমি। জন্মভূমি জন্মধাত্রী মাতৃৰ বুকু। নিৰাপদ আশ্রয়। মাতৃভূমি ত্যাগ কৰাৰ কথা ভাবিলেই বাবৰৰ অন্তৰ হাহাকাৰ কৰি উঠেমাতৃভূমিৰ প্ৰতি যেন তেওঁ তেতিয়া বেছি আকৰ্ষণ অনুভৱ কৰে৷

    আহম্মদ তনৱাল আৰু শৈৱানী খাঁবাবৰে বিশ্বস্তসূত্ৰে জানিব পৰা মতে কেইদিনমান আগৰে পৰা এই দুই মিত্ৰ হেনো পৰস্পৰৰ শত্ৰু হৈ উঠিছেইজনে সিজনৰ তেজৰ বাবে দুয়ো বর্তমান লালায়িত। দুই পৰস্পৰ বিৰোধী শাসকৰ ক্ষমতা দখলৰ প্রতিযোগিতাত অত্যাচাৰিত-উৎপীড়িত হৈছে সাধাৰণ মানুহ ৷ সন্ত্রাসিত হৈ উঠিছে সমগ্র মাউৰা উন্নহৰ। দুই চিকাৰী কুকুৰ যদি পৰস্পৰৰ লগত যুঁজি মৰে তেনেহ'লেইতো তেওঁ নিষ্কণ্টক হ'ব পাৰে! বাবৰে মনতে ভাবিলে৷

    বৰ্তমান বাবৰৰ পৰামৰ্শ কৰাৰ বাবে তেনে কোনো বিশ্বস্ত সুহৃদো নাই। কাশিম বেগ হিচাৰততেওঁৰ বিশ্বস্ত সুহৃদ নুয়ান কুশল দাস নিহত৷ যোৱা বছৰ আহন গৰানত হোৱা যুদ্ধত তনৱালৰ সেনাবোৰে তাক গভীৰ খালত পেলাই হত্যা কৰিছে। বর্তমান তাহিৰজানেই তেওঁৰ একমাত্র বিশ্বাসী সহচৰ। তাৰ পৰামৰ্শ মতেই বাবৰে বৰ্তমান শৈৱানী খাঁ আৰু তনৱালৰ যুদ্ধৰ শেষ পৰিণতি চোৱাৰ বাবে আন্দিজানৰ এলেকাধীন ইচ্‌ফাৰাত ৰৈ আছে। তাহিৰজান বৰ্তমান তনৱাল আৰু শৈৱানী খাঁৰ যুদ্ধৰ শেষ পৰিস্থিতি জানিবৰ বাবে ৰৈ আছে আন্দিজানতবাবৰেই তাক আন্দিজানলৈ পঠাইছে

    বর্তমান কাগজ-কলমেই বাবৰৰ একমাত্ৰ সহচৰকিতাপেই তেওঁৰ একমাত্র বন্ধু। কবিতা লিখি আৰু গ্ৰন্থ অধ্যয়ন কৰিয়ে তেওঁ উৎকণ্ঠিত বিপর্যস্ত অন্ধকাৰময় জীৱন অতিবাহিত কৰি আছে।

    তৰোৱালৰ দ্বাৰা কাঢ়ি লোৱা সফলতা তৰোৱালেই পুনৰ কাঢ়ি লয়। কিন্তু কবিতাৰ জৰিয়তে আহৰণ কৰা সফলতা কোনেও কাঢ়ি ল'ব নোৱাৰেযুগ যুগ ধৰি ইতিহাসৰ পাতত উজলি থাকে। এয়াই বর্তমান বাবৰৰ দৰ্শন।

    পূবে ধলফাট দিয়াৰ আগতেই সিদিনা আন্দিজানৰ পৰা ঘোঁৰা চেঁকুৰাই আহি দেড়মাহ পাছত তাহিৰজান ইফাৰা পালেহিএঘণ্টাতকৈও কম সময়ৰ ভিতৰতে বাবৰে উৎকণ্ঠিতভাবে আহি তাহিৰজানৰ লগত সাক্ষাৎ কৰিলে। সংকটময় মুহূৰ্তত দেড়মাহ কাল অধীৰ আগ্ৰহত প্রতীক্ষা কৰি থকাটো মুখৰ কথা নাছিল

    তাহিৰজানে বাবৰৰ তম্বুত বহি চাকিৰ পোহৰত আন্দিজানৰ পৰিস্থিতিৰ বিষয়ে পুঙ্খানুপুঙ্খভাবে বিৱৰি কৈ গ'ল। প্ৰথমে তেওঁ প্ৰধান প্রধান ঘটনাসমূহ বৰ্ণনা কৰিলে

    আন্দিজান বর্তমান শৈৱানী খাঁৰ দখলত। শৈৱানী খাঁৰ সেনাবোৰে চহৰ লুট-পাত কৰিছে। চহৰ দখল কৰাৰ পাছতো শৈৱানী খাঁৰ সেনাই বৰ্বৰভাবে বহুতো আন্দিজানী সেনা হত্যা কৰিছে । তাহিৰজানৰ লগত যোৱা সহযোগী গুপ্তচৰজনকো শৈৱানী খাঁৰ সেনাই নির্মমভাবে হত্যা কৰিছে।

    তাহিৰজান খুবেই পৰিশ্ৰান্ত আৰু দুৰ্বল হৈ পৰিছিল ৷ সেয়েহে সি নিজৰ ভৰিত কোনোমতে থিয় দি বাবৰৰ লগত কথা পাতি আছিলতাৰ ভৰিযোৰ থৰক-বৰক কৰি আছিল। বাবৰে প্ৰথমে থিয় হৈ তাহিৰৰ কথা শুনি আছিল। তাহিৰৰ অৱস্থা দেখি তেওঁ নিজে বিছনাৰ ওপৰত বহি তাহিৰকো বহিবলৈ ক'লে

    ইচ্‌ফাৰালৈ অহাৰ পাছতে তাহিৰজানে তেওঁৰ লগত আন এজন সহযোগী লৈ আন্দিজানৰ পৰিস্থিতিৰ বুজ ল'বলৈ আন্দিজানলৈ গৈছিলআন্দিজানলৈ গৈ সি আন্দিজান চহৰৰ ওচৰৰ খাজাকত্তা নামৰ গাঁৱত এজন জমিদাৰৰ ঘৰত লগুৱা হিচাপে নিয়োজিত হৈ আছিলতাৰ সহযোগীজন তনৱালৰ সেনাদলত ভৰ্তি হৈছিল । সিহঁতে নিজৰ পৰিচয় গোপনে ৰাখি আন্দিজানৰ পৰিস্থিতিৰ বুজলৈ আছিল। তাহিৰে মনোযোগেৰে মানুহৰ কথা-বতৰা শুনিছিল আৰু প্ৰয়োজনবোধে মানুহবোৰক খুউব সতর্কভাবে প্রশ্ন সুধি পৰিস্থিতিৰ বুজ লৈছিল। তেওঁ যেতিয়া জমিদাৰৰ মাল-বস্তু লৈ চহৰলৈ গৈছিল তেতিয়া তেওঁ নিজ চকুৰেও বহুতো ঘটনা প্রত্যক্ষ কৰিছিল৷ আন্দিজান চহৰৰ উপকণ্ঠত মুকলি প্ৰান্তৰত হোৱা সন্মুখ সমৰত আহম্মদ তনৱাল পৰাজিত হৈ দুৰ্গৰ ভিতৰত আশ্ৰয় লোৱাৰ পাছত শৈৱানী খাঁৰ সেনাই দুৰ্গৰ চাৰিওফালে ছাউনী পাতি দুৰ্গ অৱৰোধ কৰি ৰাখিছিল। ফলত ভোক-পিয়াহ, বেমাৰ-আজাৰ আৰু নিজৰ মাজত মৰা-মৰি কৰি দুৰ্গৰ ভিতৰত আৱদ্ধ হৈ থকা মানুহবোৰ এটা সময়ত শিয়াল-কুকুৰৰ দৰে মৰিবলৈ আৰম্ভ কৰিছিল। বাবৰক এৰি থৈ তনৱালৰ লগত যোগদান কৰা সেনাবোৰে ভোক-পিয়াহত মৰাৰ ভয়ত তনৱালৰ সংগ ত্যাগ কৰি শেষমুহূৰ্তত দলে দলে শৈৱানী খাঁৰ পক্ষত যোগদান কৰিবলৈ আৰম্ভ কৰে। আন্দিজানত যেন চমকন্দৰ ঘটনাৰে পুনৰাবৃত্তি হ'ল। এদিন শৈৱানী খাঁৰ সেনাই দুৰ্গদ্বাৰ ভাঙি দুৰ্গত প্ৰৱেশ কৰিলে। উপায়হীন হৈ তনৱালে তাৰ ভায়েক কেইজন আৰু আত্মীয় পৰিজন লৈ তেতিয়া আৰ্কৰ ভিতৰত আশ্ৰয় ল'বলৈ বাধ্য হয়। কিন্তু আকো সুৰক্ষিত নাছিল।গতিকে তনৱালে শৈৱানী খাঁৰ ওচৰত ক্ষমা খোজাৰ সিদ্ধান্ত লয়

    সিদ্ধান্তমৰ্মে তনৱালে শৈৱানী খাঁৰ বশ্যতা স্বীকাৰ কৰি এখন পত্ৰ লিখিলেমই মোৰ সকলো সেনা, ধন-সম্পত্তি আপোনাক সমৰ্পণ কৰি চিৰদিন আপোনাৰ অনুগত হৈ থকাৰ শপত খালোঁ। আপুনি মোক মাথোন প্রাণ ভিক্ষা দিয়ক ।

    তনৱালে এজন বৃদ্ধৰ হাতত পত্ৰখন দি শৈৱানী খাঁৰ ওচৰলৈ পঠাইছিল। কিন্তু পত্রবাহকজন পুনৰ আৰ্কলৈ ঘূৰি নাহিল। শৈৱানী খাঁৰ সেনাই পত্রবাহকক হত্যা কৰি আৰ্ক আক্ৰমণ কৰিলে। নিৰূপায় হৈ তনৱালে ডিঙিত তৰোৱাল ওলোমাই বিজেতাৰ পৰা উদাৰতা সুলভ প্রাণ ভিক্ষা পোৱাৰ আশাত আৰ্কৰ পৰা বাহিৰলৈ ওলাই আহিল। কিন্তু আহম্মদ তনৱালৰ মনোবাঞ্ছা পূৰণ নহ'ল ৷

    তৈমূৰ চুলতানে তনৱালক তেনেকৈ দেখিও সহানুভূতি জনোৱাৰ পৰিৱৰ্তে নিষ্ঠুৰভাবে আদেশ দিলেতাক বন্দী কৰিব নালাগেহত্যা কৰা৷

    আদেশ পাই সেনাবোৰে তনৱালক তাৰ ভায়েক কেইজনৰ সৈতে নৃশংসভাবে হত্যা কৰি কাটি টুকুৰা-টুকুৰ কৰি বস্তাত ভৰাই শৈৱানী খাঁক দেখুৱাবলৈ লৈ গ'ল।

    শৈৱানী খাঁৰ আগত টুকুৰা-টুকুৰ দেহ উপস্থিত কৰি সেনাবোৰ হয়তো গপত গংগাটোপ হৈ উঠিছিল! তাহিৰজানে সকলো ঘটনা অদ্যোপান্ত বিৱৰি কৈ শেষত এইদৰে মন্তব্য কৰিলে।

    হে খোদা! বাবৰৰ মুখৰ পৰা আপোনা-আপুনি ইষ্ট নাম ওলাই আহিল । প্রায়শ্চিত্ত! তনৱালে নিজৰ জীৱন দি পাপৰ প্ৰায়শ্চিত্ত কৰি গ'ল।

    বিশ্বাসঘাতক তনৱালে বাবৰৰ ওপৰত তৰোৱাল দাঙিছিল। সি নিজেই সেই তৰোৱালৰ আঘাতত প্রাণ দিলেনির্দোষী খাজা আবদুল্যাক ফাঁচিত ওলোমাই হত্যা কৰা দৰজাৰ কাষতে সি নির্মম মৃত্যুক আঁকোৱালি ল'লেবেচেৰা চগ্ৰকসকলৰ দৰে তাৰ নিজৰ মূৰৰ লগতে ভায়েকহঁতৰ মূৰো বস্তাৰ পৰা ওলাল

    বাবৰৰ কল্পনাত উদ্ভাসিত হ'শৈৱানী খাঁই হয়তো সিহঁতৰ মৃতদেহ ঘৃণাভাবত চাইছেভৰিৰে ওলোটাই দেখিছে। তেওঁক ব্যতিব্যস্ত কৰা তনৱালক হয়তো ঘৃণাভাবে সেই মস্তকহীন দেহাবোৰৰ মাজত বিচাৰি চাইছে। কাৰণ শৈৱানী খাঁই তনৱালক জীৱিত অৱস্থাত কেতিয়াও দেখা নাছিল। হয়তো তনৱালৰ কটামুণ্ড শেৱানী খাঁই হাতেৰে চুই চাবলৈও ঘৃণাবোধ কৰিছে।

    দৃশ্যবোৰ কল্পনা কৰি বাবৰে কৈ উঠিলহে খোদা! হে খোদা ! ! এয়া ক্ৰূৰ ন্যায়, নে হিংস্ৰ প্ৰতিশোধ ? ক্ৰুৰতাত শৈৱানী খাঁ তনৱালতকৈও এখোপ চৰা৷তথাপিও প্রতিহিংসাৰ তৰোৱাল পৰমেশ্বৰে শৈৱানী খাঁকে অৰ্পণ কৰিলে কিয়?

    বাবৰে বিক্ষিপ্ত বিকেন্দ্ৰীভূত মাউৰা উন্নহৰক কেন্দ্ৰীভূত কৰিব খুজিছিল; কিন্তু বাবৰ বিফল হ'ল। বাবৰে কৰিব নোৱাৰা কাম কৰিলে শৈৱানী খাঁইশৈৱানী খাঁ কিহৰ বলত বাবৰতকৈ শক্তিশালী?  চতুৰতা, ক্ৰৰতা, নে অমানৱীয় হিংস্ৰতাত?

    এই পৃথিবীত বর্তমান শৈৱানী খাঁৰ দৰে কূটিল চৰিত্ৰৰ মানুহ হোৱাই হয়তো আৱশ্যক। বাবৰে এজন ন্যায়পৰায়ণ শাসক হোৱাৰ বাবে চেষ্টা কৰিছিল। নিজৰ অধিকাংশ সময় কাব্য, শিল্পকলাৰ নামত সমৰ্পণ কৰিব খুজিছিল, মানৱতাৰ কথা চিন্তা কৰিছিল৷ এইবোৰ কাৰণতে তেওঁ শৈৱানী খাঁৰ দৰে কূটিল চৰিত্ৰৰ শাসকৰ হাতত মাৰ খাবলগীয়া হ'ল নেকি?

    কিন্তু মুখ্য কি? মানৱতা নে হিংস্ৰতা ?

    জাহাঁপনা! বাবৰক অন্যমনস্ক দেখি তাহিৰজানে মাতিলে

    তাহিৰৰ কণ্ঠস্বৰত বাবৰৰ ধ্যান মানৱতাৰ চিন্তাৰ পৰা বাস্তৱলৈ ঘূৰি আহিল৷ তেওঁ অপ্ৰস্তুতৰ দৰে ক'লেকোৱা ।

    তাহিৰে বিচলিত কণ্ঠত ক'লেমই জানিব পাৰিছোঁ, শৈৱানী খাঁৰ সেনাই উল্লসিত হৈ আপোনাক বিচাৰি আছে। সিহঁতৰ গুপ্তচৰ ইতিমধ্যে আহি হয়তো ইচফাৰাও পাইছেহি।

    তাহিৰৰ মন্তব্যত বাবৰ সজাগ হৈ উঠিলহয়, তেওঁ এতিয়া নিজৰ জীৱন ৰক্ষা কৰাৰ কথা চিন্তা কৰা উচিত। তনৱালৰ পৰাজয়ৰ ফলত তেওঁৰ অভীস্পিত ধ্যান- ধাৰণাত ইতিমধ্যে খহনীয়া আৰম্ভ হৈছে। মাতৃভূমিৰ চিন্তাৰ লগতে তেওঁৰ নিজৰ জীৱন ৰক্ষাৰ চিন্তাও আৰম্ভ হৈছে বৰ্তমান। মাতৃভূমিৰ পৰা ওলাই যোৱাৰ প্ৰায়বোৰ ৰাস্তাই বৰ্তমান তেওঁৰ কাৰণে বন্ধ হৈ গৈছে। হয়তো দুই এটা ৰাস্তা এতিয়াও খোলা আছেকিন্তু তেওঁ যদি অনতিপলমে পলাই নাযায়, অদূৰ ভৱিষ্যতে অন্তিম সাম্ভৱ্য ৰাস্তাও শৈৱানী খাঁই হয়তো বন্ধ কৰি দিবহয়তো নহয়; ই প্ৰায় নিশ্চিতই। সন্মুখত যে এজন সাধাৰণ সৈনিক বহি আছে উত্তেজনাত বাবৰে সেই কথাও পাহৰি গ'ল। তেওঁ বাষ্পাৰূদ্ধ কণ্ঠত ক'লেমোৰ ওপৰেদি ইতিমধ্যে কম ধুমুহা বৈ যোৱা নাই। এতিয়া ম‍ই মাতৃভূমিৰ পৰাও চোৰৰ দৰে পলাই যাব লাগিব নেকি ?

    বাবৰৰ চকুত চকুপানী দেখি তাহিৰজান শোকাভিভূত হৈ পৰিল।

    অতি কষ্টেৰে তাহিৰজানে চকুপানী চম্ভালি কঁপা কঁপা মাতেৰে ক'লেজাহাঁপনা, পৰৰ দেশত জীয়াই থকাটো আটাইৰে বাবে পীড়াদায়কতেওঁ বাদচাহই হওঁক, সেনাই হওঁক বা সাধাৰণ নাগৰিকেই হওঁক । কোনেও নিজ ইচ্ছাত মাতৃভূমি ত্যাগ নকৰে। পৰিস্থিতিৰ মেৰপাকত পৰিয়ে মাতৃভূমিৰ মোহ ত্যাগ কৰিব লগা হয়। ইচ্‌ফাৰাত বৰ্তমান আপোনাৰ জীৱন বিপন্ন। আপুনি বুকু ডাঠ কৰক। পৰিয়াল- পৰিজনৰ কথা চিন্তা কৰি হ'লেও আপুনি জীয়াই থাকিব লাগিব। ময়ো পুনৰ কুবালৈ উভতি নাযাওঁ। আপোনাৰ সেৱা-শুশ্রূষাৰ কাৰণে শৈৱানী খাঁই মোৰ ওপৰতো নিশ্চয় প্ৰতিশোধ ল'ব। গতিকে ময়ো আপোনাৰ লগত যাম৷ তদুপৰি ম‍ই আপোনাক এৰি থাকিবও নোৱাৰিম। আন্দিজানৰ পৰা আহোঁতেই মই সিদ্ধান্ত লৈ আহিছোঁ; আপুনি য'লৈ যাব ময়ো আপোনাৰ লগত তালৈকে যাম ।

    বাবৰে তাহিৰজানক প্ৰথমৰে পৰাই নীতি পৰায়ণ আৰু সাহসী সেনাৰ লগতে এজন সহজ-সৰল বিশ্বাসী যুৱক হিচাপে ভাবি আহিছে। তাহিৰৰ দৰে চৰিত্ৰৰ মানুহৰ ধাৰণা, এজন ন্যায় পৰায়ণ শাসকেহে সাধাৰণ মানুহক দুৰ্নীতি আৰু অন্যায়ৰ হাতৰপৰা ৰক্ষা কৰিব পাৰে৷ এই কথাও বাবৰে জানে৷

    সেয়ে বাবৰে নিজৰ বিচাৰ-বিবেচনা প্রকট কৰি ক'লেকিন্তু মই তোমালোকে আশা কৰা ধৰণে বাদচাহ হ'ব নোৱাৰিলোঁ। আগলৈকো হ'ব পাৰিম, নে নাই সেয়াও অনিশ্চিত......

    বাবৰে নিজৰ মন্তব্য আধৰুৱা কৈ এৰিলেতাহিৰেও কোনো ধৰণৰ মন্তব্য নকৰিলেএজন ভাগ্যাহত নির্বাসিত শাসক আৰু এজন দুৰ্ভগীয়া সৈনিক অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি দুয়ো মুখামুখি হৈ মনে মনে বহি থাকিল আৰু তম্বুৰ মোটা ৰংচঙীয়া কাপোৰৰ বাহিৰত ৰাতিৰ নিৰ্জনতা ভাঙি ইচ্‌ফাৰা নদীয়ে গৰ্জি গৰ্জি নৈঃশব্দৰ পটভূমিত নিজৰ অস্তিত্ব ঘোষণা কৰি থাকিল৷

    মান মর্যদাত আকাশ পাতাল ব্যৱধান থকা ব্যক্তি দুজনক সংকটময় পৰিস্থিতিয়ে পৰস্পৰৰ নিকট সান্নিধ্যলৈ চপাই আনিলে। কান্ধত কান্ধ মিলাই সাধাৰণ সৈনিক এজনে প্ৰথমবাৰৰ কাৰণে বাবৰৰ লগত ইমান নিঃসংকোচে কথা পাতি আছিল। চাকিৰ ম্লান পোহৰত বহি তাহিৰজানে এনেকুৱা কিছুমান কথা ক'লে, যিবোৰ কথা বেলেগ সময়ত কোৱাতো দূৰৰ কথা হয়তো সি কল্পনাও কৰিব নোৱাৰিলেহেঁতেন।

            জাহাঁপনা,মই এজন সাধাৰণ সৈনিক, তথাপি কিয় জানো আপোনাক মোৰ সহোদৰৰ দৰে অনুমান হয়আপোনাৰ কবিতা, আপোনাৰ সাহস আৰু উদাৰতা দেখি মোৰ উপলব্ধি হৈছে, আপোনাৰ কাৰণে যেন এক অপূৰ্ব বিৰাট সাফল্য অপেক্ষা কৰি আছে। আপোনাৰ বেছিভাগ শত্রুই বৰ্তমান নিহত। তদুপৰি আপুনি ইতিমধ্যে বহুতো জীৱনঘাতক কঠিন বিপদৰ পৰা কথমপিহে সাৰি আহিছে।এইবোৰ হয়তো আপোনাৰ অসাধাৰণ ভাগ্যৰে নিদৰ্শন।

            তাহিৰক বিপদৰ সময়ত সৰু ভায়েকক সাহস দি থকা ককায়েকৰ দৰে অনুমান হ'ল বাবৰৰ মনতবাস্তৱতো তাহিৰ বাবৰতকৈ সাত বছৰৰ ডাঙৰগতিকে তাহিৰক নিজৰ ককায়েকৰ দৰে ভাবি ভালো লাগিল বাবৰৰসেয়ে বাবৰে অকপটে নিজৰ দুৰ্ভাগ্যক দোষাৰূপ কৰি ক'লেকিন্তু মোৰ ভাগ্যই বাৰে বাৰে মোক প্ৰতাৰণা কৰিছে কিয়, বেগ?

    ভাগ্যই আপোনাৰ লগত সতীয়া আইৰ দৰে আচৰণ কৰিছে জাহাঁপনা । দুর্ভাগ্যই নির্দয়ভাবে আপোনাৰ প্ৰতি আঘাত হানিছে। দুর্দিন আঁতৰি গৈ সুদিন এদিন নিশ্চয় আহিব।তেতিয়া মানুহে আপোনাৰ মনৰ কথা বুজি পাব। কিন্তু এতিয়া তাহিৰে লৰিচৰি বহি পুনৰ ক'লেআমি অতি সোনকালে ইচফাৰাৰ পৰা গুচি যোৱা উচিত হ'ব। হিৰাতোতো আপোনাৰ পৰ নহয়। হোছেন বায়কাৰা আপোনাৰ আত্মীয়৷ মোমাইদেউ ফজিলুদ্দিনো বৰ্তমান হিৰাততে আছে। গতিকে তালৈ গ'লে আপোনাৰ নিশ্চয় কোনো অসুবিধা নহ'

    বাবৰে আবেগ বিহ্বল কণ্ঠত ক'লেবাৰু, তোমাৰ কথাই মানিলোঁবিপদ সংকুল ৰাস্তাত তুমিয়ে হবা মোৰ আটাইতকৈ বিশ্বাসী সহচৰ। মই মোৰ এই জীৱন আল্লাহৰ হাতত সমৰ্পণ কৰি, পাছত তোমাৰ হাতত সঁপিলো, তাহিৰ বেগ

    বৰফেৰে আবৃত বিশাল পৰ্বতৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি বাবৰৰ হৃদয় কঁপি উঠিল । তেওঁলোকে সৌ পর্বত শৃংখলা পাৰ হৈ যাব পাৰিবনে ? সৌ বিশাল হিমাচ্ছাদিত পর্বত শ্রেণী পাৰ হ'লেই পামীৰ মালভূমি আৰু পামীৰৰ পৰা আগবাঢ়ি গ'লে সিন্ধুকোশ পর্বত

    শৈৱানী খাঁৰ শেন দৃষ্টিৰ পৰা হাত সাৰিবলৈ বাবৰে অৱশেষত ইচ্‌ফাৰা ত্যাগ কৰি হিৰাতলৈ যাত্ৰা কৰিলে। তেওঁৰ লগত ওলাল বিশ্বাসী বেগ আৰু আত্মীয়-পৰিজন। দীঘলীয়া দুর্গম বিপদ সংকুল যাত্ৰা পথ। দিন-ৰাতি বাট কুৰি বাই তেওঁলোকে আগবাঢ়িবলৈ ধৰিলে। মানুহবোৰ পথশ্ৰমত শ্রান্ত-ক্লান্ত হৈ পৰিল৷

    তথাপিও বিশ্ৰামৰ আহৰি নাই। আহৰি নাই পিছফালে ঘূৰি চোৱাৰ। দুৰ্ভগীয়া পথচাৰীসকল সন্মুখৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি নিৰৱচ্ছিন্নভাবে আগবাঢ়িবলৈ ধৰিলে

    এটা সময়ত তেওঁলোকৰ মাজত খাদ্যাভাবেও দেখা দিলে। পেটৰ ভোক নিবাৰণ কৰিবলৈ তেওঁলোকে অৱশেষত মাথোন উট আৰু ঘোঁৰাৰ মাংস খাবলৈ বাধ্য হ'ল। চাৰিওফালে মাথোন ওখ ওখ পৰ্বত আৰু বুকু কঁপাই তোলা পৰ্বতৰ থিয় থিয় ঢালদীঘলীয়া যাত্ৰা পথত ঘোঁৰাবোৰো শ্ৰান্ত ক্লান্ত হৈ বাগৰি পৰিল। স্বয়ং বাবৰে নিজৰ ঘোঁৰা মাকক দি নিজে খোজ কাঢ়িবলৈ ধৰিলেপৰ্বত বগাই বগাই বহুতৰে জোতাৰ তলুৱা ফাটি গ'ল৷ মূৰৰ ওপৰত খোলা আকাশ আৰু পৰ্বতৰ বাহিৰে একো নাই। সমগ্ৰ যাত্ৰা পথত মূৰ গোঁজাৰো তেনে কোনো আশ্রয়স্থল নাই ক'তো ।

    পথশ্ৰমৰ কষ্টত সাধাৰণ মানুহখিনি অতিষ্ঠ হৈ উঠিলসিহঁতে কেতিয়াবা কেতিয়াবা বাবৰৰ লগত অসংযত আচৰণো কৰিবলৈ ধৰিলে

    পথশ্ৰমত ক্লান্ত মহিলাসকল ক'ৰবাত অকণমান জিৰাবলৈ বহিলেই সিহঁতে বিৰক্তি ভৰা কণ্ঠত গোৱাল-গালি পাৰিবলৈ ধৰিলে দীঘলীয়া যাত্রা পথএনেকৈ বহি থাকিলে বাট আপোনা-আপুনি শেষ হৈ যাব নেকি?  যিমান সোনকালে সম্ভৱ আগবাঢ়িবহে লাগে। সেয়া নকৰি বহি বহি সময় বৰবাদ কৰি আছে। বাবৰ আৰু মহিলাসকললৈ আঙুলিয়াই লগৰীয়াসকলক উদ্দেশ্য কৰি কেতিয়াবা আকৌ কয়ভাইহঁত, লা আমি আগবাঢ়োঁ।এওঁলোক জিৰাই-শঁতাই আহি থাকক ।

    বেগসকলৰ এই অশিষ্ট ব্যৱহাৰত তাহিৰজানে কেতিয়াবা ধৈৰ্য হেৰুৱাই পেলায়। সি বেগসকলক এসেকা দিয়াৰ কাৰণে তৰোৱাল উলিয়াই লয়তেতিয়া বাবৰেই তাক বুজাই-বঢ়াই শান্ত কৰিবলগীয়া হয়ধৈর্য ধৰক বেগ । আমি অধৈর্য হ'লে নচলিব। মানুহবোৰ পথশ্রমত ক্লান্ত। যাত্রাপথো অনিশ্চিতযাত্রাপথৰ অনিশ্চয়তাত সিহঁত অধৈৰ্য হৈ উঠিছে। কষ্টওতো কম হোৱা নাই । সিহঁতেতো মিছা কথাও কোৱা নাই ? যাত্রাপথ এনেই দীঘলীয়াএনেকৈ বহি থাকিলে যাত্রাপথ অধিক দীঘলীয়াহে হ'ব। বলক, বেগাই বলক। আমি যিমানদূৰ সম্ভৱ সোনকালে অমূৰদৰিয়া পাৰ হ'ব লাগিব। অমূৰদৰিয়া পাৰ হ'লেহে আমি শৈৱানী খাঁৰ পৰা নিৰাপদ হব পাৰিম

    এইদৰেই বাবৰে নানা আলৈ-আহুকালৰ মাজেৰে আগবাঢ়িবলৈ ধৰিলেঅমূৰদৰিয়া পাৰহৈ তেওঁ এটা সুখবৰ পালে। মাথোন সুখবৰেই নহয়, তেওঁ এটা পত্ৰও পালে হিচাৰৰ বেগসকলৰপৰা।

    বাবৰে কেতিয়াবা কেতিয়াবা কথা প্ৰসংগত কাশিম বেগক ভৱিষ্যত বাণী কৰি কৈছিলশৈৱানী খাঁ এজন সাম্রাজ্যলোভী চয়তান। তেওঁ এদিন সমগ্র মাউৰা উন্নহৰ দখলৰ বাবে চেষ্টা চলাব। বৰ্তমান তেওঁ হিচাৰৰ লগত বন্ধুত্বৰ অভিনয় কৰিলেও সুযোগ পালেই সি হিচাৰ গ্ৰাস কৰিবলৈ হাতোৰা মেলিব।

    কাশিম বেগৰ লগত হোৱা এইবোৰ কথা-বতৰা তাহিৰ বেগেও শুনিছিল। অমূৰদৰিয়া পাৰ হোৱাৰ লগে লগে বাবৰৰ ভৱিষ্যত বাণী ফলিওৱাত সি বাবৰৰ প্রতি অধিক শ্রদ্ধাশীল হৈ উঠিল।

    অমূৰদৰিয়া পাৰ হোৱাৰ লগে লগে তেওঁলোকে খবৰ পালে যে, শৈৱানী খাঁই হিচাৰ আক্ৰমণ কৰিছে। হিচাৰৰ শাসক খচৰু আছিল এজন কাপুৰুষ। তেওঁ শৈৱানী খাঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ভয় পাই নিজৰ সেনাবাহিনী এৰি থৈ পলাই গৈছে। বেগসকলেই বর্তমান শত্ৰুৰ হাতৰ পৰা হিচাৰ ৰক্ষা কৰিবলৈ যুদ্ধ চলাই আছে।

    কাশিম বেগো বর্তমান হিচাৰত হিচাৰৰ বেগসকলে কাশিম বেগৰ লগত পৰামৰ্শ কৰি বাবৰক হিচাৰৰ সিংহাসনত বহুৱাবলৈ সিদ্ধান্ত লৈছে। সিদ্ধান্ত মর্মেই তেওঁলোকে বাবৰক মাতি পঠাইছে। তেওঁলোকে বাবৰলৈ পত্ৰ লিখি পঠাইছে, যে হিচাৰৰ সিংহাসন বৰ্তমান খালী পৰি আছে। গতিকে বাবৰ সোনকালে হিচাৰলৈ যাব লাগে৷ হিচাৰলৈ গ'লেই বাবৰক সিংহাসনত অধিষ্ঠিত কৰি তেওঁলোকে শৈৱানী খাঁৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হ'বহি৷

    কিন্তু বাবৰে সেই আমন্ত্ৰণ অস্বীকাৰ কৰিলেতেওঁ ভাবিলে বেগসকলৰ বিশ্বস্ততাৰ কি প্ৰমাণ আছে! সিহঁতে তেওঁক মাতি নি শৈৱানী খাঁৰ হাতত গতাইয়োতো দিব পাৰে। গতিকে বাবৰে সিহঁতক কৈ পঠালেযদি আপোনালোকে মোক সমর্থন কৰে, তেনেহ'লে আপোনালোকে নিজেই ইয়ালৈ আহকহি

    হিচাৰৰ বেগ আৰু বাবৰৰ মাজত বুজা-পৰা হোৱাৰ আগতেই শৈৱানী খাঁই হিচাৰ দখল কৰিলে। শৈৱানী খাঁৰ পৰিকল্পিত আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি খচৰুৰ ত্ৰিশ হাজাৰ সেনা ছেদেলি-ভেদেলি হৈ পৰিল৷ ফলত হিচাৰৰ বেগসকলৰ মাজতো এক বিশৃংখল পৰিস্থিতি সৃষ্টি হ'বহুতেই শৈৱানী খাঁৰ ওচৰত আত্মসমর্পণ কৰিলে যদিও আত্মমর্যদা সম্পন্ন বেগ কিছুমানে শৈৱানী খাঁৰ বশ্যতা স্বীকাৰ কৰিবলৈ টান পাই বিশৃংখল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উঠি পৰি লাগিল আৰু সেনাবাহিনী সুনিয়ন্ত্রিত কৰিবলৈ এজন শক্তিশালী শাসক বিচাৰিবলৈ ধৰিলে। তাৰেই ফলশ্ৰুতিত চগা নিয়ানী নামৰ বেগ এজনে চাৰিশ সেনা লৈ বাবৰৰ ওচৰলৈ আহিলচগা নিয়ানীয়ে আশা কৰাতকৈও বেছি সন্মান দি বাবৰে তেওঁক উজীৰ-এ-আজম হিচাপে নিযুক্ত কৰিলে

    চগা নিয়ানীৰ পাছতো আৰু কেইজনমান বেগ আহি বাবৰৰ লগত মিলিত হ'ল। ফলত বাবৰৰ ভাগ্যাকাশ পুনৰ মেঘমুক্ত হ'বলৈ ধৰিলে।

    বাবৰে মাথোন দুশ চল্লিশজন সেনালৈ অমূৰদৰিয়া পাৰ হৈছিল৷ চাৰি মাহৰ ভিতৰত তেওঁৰ সেনা সংখ্যা চাৰি হাজাৰলৈ বৃদ্ধি পালে৷ কাশিম বেগকো তেওঁ হিচাৰৰ পৰা মাতি আনিলেঅৱশেষত তেওঁলোক হিৰাতলৈ আহি হিৰাতৰ শাসক মুজাফ্ফৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলে।

    সময় বাগৰিবলৈ ধৰিলে। হিৰাতলৈ অহাৰ পাছত চাওঁতে চাওঁতে সোঁতৰ দিন মহাকালৰ বুকুত বিলীন হৈ গ'ল ।

    বাবৰক হিৰাতত উঞ্চিয়াৰ এটি ভব্য প্রাসাদত থাকিবলৈ দিয়া হৈছিলপ্রাসাদটো বিখ্যাত শায়েৰ আলীশ্বেৰ নবাইৰ বাসস্থান আছিল। প্রাসাদৰ ওখ দৰজা, নীলা গম্বুজ আৰু বিভিন্ন কাৰুকাৰ্য দেখি বাবৰৰ চমৰকন্দত অৱস্থিত উলুগ বেগৰ মাদ্ৰাছাৰ কথা মনত পৰিবলৈ ধৰিলে

    প্রাসাদৰ এটি কক্ষত নবাইৰ গ্ৰন্থালয় আছিল । বাবৰে অতি আগ্ৰহেৰে গ্ৰন্থসমূহ পঢ়িবলৈ ধৰিলে আৰু নিজেও কাব্য চৰ্চাত মানোনিবেশ কৰিলেসোঁতৰ দিনত তেওঁ ভালেখিনি গজলো লিখি উলিয়ালে

    মুজাফ্ফৰে এদিন এটি ভোজ উৎসৱ পাতি বাবৰক নিমন্ত্ৰণ জনালে। ভোজ উৎসৱত মৈনাব’ (এক প্ৰকাৰ তেজী আৰু সুগন্ধি সুৰা)ৰ অবাধ পৰিৱেশন হৈ আছিল। বাবৰলৈও মৈনাব আগবঢ়োৱা হ'

    হিৰাতৰ সুপ্ৰসিদ্ধ গায়কসকলে মর্মস্পর্শী সাৱলীল সংগীত পৰিবেশন কৰি আছিল। বাবৰে আগতে কোনো দিন সুৰাপান কৰা নাছিলসংগীতৰ লহৰত তেওঁ ইমানেই উদাস হৈ উঠিছিল যে, সিদিনা তেওঁৰ সুৰাপান কৰিবলৈ মন গ'ল৷ কাশিম বেগ তেওঁৰ ওচৰতে বহি আছিলঅভ্যাসবশতঃ তেওঁ কাশিম বেগৰ ফালে চালে৷

    কাশিম বেগ নিজেও ধৰ্ম ভীৰু আছিল আৰু কোনোদিন সুৰাপান কৰা নাছিল। বাবৰকো তেওঁ সুৰাপানৰ পৰা বিৰত থাকিবলৈ সদায় উপদেশ দিছিল৷ বাবৰে কাশিম বেগলৈ চোৱাত তেওঁ বাবৰৰ মনোভাৱ উপলব্ধি কৰিব পাৰি বাবৰৰ কাণৰ ওচৰলৈ মুখ আনি ফুচফুচাই ক'লেজাহাঁপনা, বদিউজ্জামানেও সিদিনা আপোনাক সুৰা যাচিছিল; কিন্তু আপুনি পান কৰা নাছিলআজি যদি আপুনি সুৰাপান কৰে বদিউজ্জামানে শুনিলে বেয়া পাব পাৰে!

    কাশিম বেগে কোৱা কথা মিছা নহয়। বদিউজ্জামান আৰু মুজাফ্‌ফ্ফৰ ককায়েক ভায়েক। কিন্তু ককায়েক-ভায়েকৰ মাজত মুঠেই সম্ভাৱ নাই। সিদিনা বদিউজ্জামানেও বাবৰক এটি ভোজ উৎসৱলৈ নিমন্ত্ৰণ জনাইছিল। সিদিনাৰ উৎসৱতো সুৰাৰ অবাধ পৰিৱেশন হৈছিল। বদিউদ জামানেও তেওঁক সুৰাপানৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু বাবৰে সুৰাপান কৰা নাছিল। গতিকে তেওঁ সুৰাপানৰ ইচ্ছা দমন কৰি ক'লেক্ষমা কৰিব মির্জা চাহাবম‍ই কোনো দিন সুৰাপান কৰি পোৱা নাই ।

    ইতিমধ্যে মুজাফ্ফৰৰ নিচা হৈ গৈছিলসুৰাৰ নিচাত তেওঁ সাধাৰণ ভদ্রতাখিনিও পাহৰি পেলালে। বাবৰলৈ উদ্দেশ্য কৰি অশিষ্টতাপূর্বকভাবে তেওঁ ক'লেকিয়, আপুনি সুৰাপান কৰিবলৈ ভয় কৰে নেকি? আন্দিজান আৰু চমৰকন্দৰ মানুহে সুৰাপান নকৰে নেকি ? পিচে, আপুনি আনন্দ কেনেকৈ প্ৰকাশ কৰে?

    মুজাফ্ফৰৰ কথাত বাবৰ কিছু পৰিমাণে আহত হ'ল যদিও নিজক চম্ভালিলৈ ক'লেএনেকুৱা আনন্দৰ অৱসৰ আন্দিজান আৰু চমৰকন্দত প্ৰয়োজনতকৈও বেছিকৈহে পোৱা যায়। আচলতে ম‍ই চৰিয়ত (ধৰ্মীয় বিধান) মতে চলিব খুজো। সিদিনা আপোনাৰ ককায়েক বদিউজ্জামানৰ ভোজ উৎসৱতো মই সুৰাপান কৰা নাছিলোঁ।

    বদিউজ্জামানৰ নাম শুনাৰ লগে লগে মুজাফফৰ গম্ভীৰ হৈ উঠিলতেওঁ মনে মনে ভাবিলে, বদিউজ্জামানে নিজেওতো চৰিয়ত মানি চলে। তথাপিও তেওঁ দেখোন সুৰাপান কৰে। আচলতে বাবৰ এজন নির্বোধ ।

    মুজাফ্ফৰে বাবৰক প্রকাশ্যে একো নকৈ, বাবৰলৈ আগবঢ়োৱা পানপাত্ৰটো তেওঁৰ উজীৰ-এ-আজম জুন্নুন বেগ আর্গুণক দিবলৈ পৰিচাৰিকাক নিৰ্দেশ দিলে। পৰিচাৰিকাই সেই নিৰ্দেশ পালন কৰিলে

    মুজাফ্ফৰ নিচাত উন্মাদ প্ৰায় হৈ উঠিল। তেওঁ আনন্দত নিৰ্লজৰ দৰে নাচিবলৈ ধৰিলে ।

    মুজাফ্ফৰৰ অধঃপতন দেখি কাশিম বেগে বাবৰৰ কাণৰ গুৰিলৈ মুখ আনি ফুচফুচাই ক'লেএই অকৰ্মণ্য বাদচাহৰ লগত এতিয়া আপুনি কোনো কথা পতা উচিত নহ'ব । তদুপৰি এওঁৰ স্বাধীন মতামত ব্যক্ত কৰাৰো কোনো অধিকাৰ নাই। এওঁৰ মাক খাদিচা বেগমৰ হুকুমতহে সকলো কাম-কাজ চলে। বলক, আমি তাইৰ লগত কথা পাতোঁগৈ৷

    শৈৱানী খাঁই হিচাৰ অধিকাৰ কৰাৰ পাছত এটাৰ পাছত এটা' দেশ জয় কৰি খোৰাচানৰ সীমা আহি পাইছিলহি। খবৰটো শুনাৰে পৰা বাবৰ উৎকণ্ঠিত হৈ আছেশেৱানী খাঁই হিৰাতলৈকো হাতোৰা মেলাটো আচৰিত নহয়। গতিকে তেওঁ এই বিষয়ে মুজাফ্‌ফ্ফৰৰ লগত পৰামৰ্শ কৰিব খুজিছিল। কিন্তু মুজাফ্ফৰৰ পৰিবৰ্তে কাশিম বেগে খাদিচা বেগমৰ লগত পৰামৰ্শ কৰিবলৈ কোৱাত বাবৰে ইতস্ততঃ কৰি ক'লেকিন্তু মাকৰ লগত আলোচনা কৰিলে মুজাফ্ফৰে বেয়া নাপাব জানো?

    কাশিম বেগে দৃঢ় কণ্ঠত ক'লেএকো নহয়। এই বিষয়ে মই খাদিচা বেগমৰ লগত আগতীয়াকৈয়ে আলোচনা হৈছোঁ। তাই এতিয়া অধীৰভাবে আপোনাৰ কাৰণে অপেক্ষা কৰি আছে হয়তো।

    বাবৰে মুজাফ্ফৰৰপৰা অনুমতি লৈ খাদিচা বেগমৰ লগত সাক্ষাৎ কৰিবলৈ ওলালতেওঁৰ লগত ওলাল কাশিম বেগ, জন্নুন বেগ আৰু বুৰন্দুক বেগ। তেওঁলোকে নৰম, ধুনীয়া কার্পেট গচকি ওপৰ মহলালৈ উঠি আহিল ।

    খাদিচা বেগমে বাবৰক ভব্য অভিজাত কক্ষ এটাত বহিবলৈ দিলে। ঐশ্বর্য সম্ভাৰ প্ৰদৰ্শনৰ বাবেই হয়তো খাদিচা বেগমে বাবৰৰ সন্মুখত খাটি সোণৰ ছঠেঙীয়া মেজ এখনো পাৰি দিলে । কক্ষটো সোণ, হীৰা, জহৰতকে আদি কৰি বহুমূলীয়া বিবিধ আচবাব আৰু উপকৰণেৰে সুসজ্জিত আছিল। দুৱাৰ, খিৰিকি সমূহতো সৰু সৰু অলেখ হীৰা, মুকুতা উজলি আছিলচৌদিশে উজলি থকা ৰঙৰ তীব্ৰতাৰ মাজত বুকু ফিন্দাই বহি থকা চল্লিশ বছৰীয়া খাদিচা বেগমক বাবৰৰ অপূৰ্ব সুন্দৰীৰ দৰে অনুমান হ'বলৈ ধৰিলে। তাইৰ গাত কোনো ধৰণৰ আ-অলংকাৰ নাছিল। মাথোন তাইৰ কাৰুকাৰ্যখচিত কলা পোছাকযোৰ ৰূপৰ দৰে উজলি আছিলতাই মূৰত পিন্ধি আছিল বহুমূলীয়া হীৰা মুকুতা খটোৱা শংকু আকাৰৰ টুপী। তাইৰ পৰিচাৰিকা কেইগৰাকীয়ে পিন্ধা ৰঙ বিৰঙৰ পোছাকেও বাবৰৰ চকুত জলক-তবক লগালে

    ভব্য অভিজাত বিলাসী মহিলাগৰাকীৰ লগত কেনেকৈ কথা আৰম্ভ কৰিব, বাবৰে তাকেই মনে মনে ভাবিবলৈ ধৰিলে ৷

    খাদিচা বেগমে শান্ত স্নিগ্ধ মিচিকিয়া হাঁহি মাৰি প্ৰথমতে কথাৰ পাতনি মেলিলেমির্জা চাহাব, আপুনি আমাৰ মিতিৰ। খাদিচা বেগমে পৰিচাৰিকা কেইগৰাকীলৈ আঙুলিয়াই ক'লেএওঁলোক আটায়ে মোৰ বোৱাৰী। মুজাফ্ফৰৰ বেগম। এওঁলোকেও আপোনাক যথেষ্ট সন্মান কৰে। তাই কৃত্ৰিম লাজ মিহলি সুৰত ক'লেপিচে, কথা আৰম্ভ কৰক, লাজ নকৰিব ।

    ধন্যবাদ৷ বাবৰে ইয়াতকৈ বেছি ক'ব নোৱাৰিলে৷

    মমবাতিৰ ক্ষীণ ধূসৰ পোহৰত মহিলাসকলৰ বগা ওৰণিৰে অৰ্দ্ধাবৃত মুখমণ্ডললৈ চাই বাবৰৰ বাবে সিহঁতৰ বয়স অনুমান কৰা কঠিন হ'ল। জেতুকা বোলোৱা হাত, উন্নত বুকু আৰু লাহী কঁকাললৈ চাই মহিলা কেইগৰাকীক যুৱতী বুলি অনুমান হ'ল বাবৰৰ

    মুজাফ্ফৰৰ আটাইতকৈ প্ৰিয় বেগম কাৰাকোজ বেগমে শাহুৱেকৰ কাণৰ গুৰিলৈ মুখ নি ফুচফুচাই কিবা কথা কৈ হাঁহি মাৰিলেখাদিচা বেগমেও তাইৰ লগত হাঁহিত যোগ দি মূৰ জোকাৰি ক'লেমির্জা চাহাব, হিৰাত ৰাজবংশৰ প্ৰতিজনী যুৱতীয়েই আপোনাক কামনা কৰে বুলি মই শুনি আছোঁ। কিন্তু আপোনাৰ দৰে ইমান ক্ষমতাশালী এগৰাকী বাদচাহ, সাহসী নজোৱান আৰু খ্যাতিমান কবিয়ে এতিয়ালৈকে অবিবাহিত হৈ থকাটো সঁচা নেকি ?

    বাবৰ লাজত ৰঙা-চিঙা পৰি গ'ল। তেওঁ বিবাহিত নে অবিবাহিত এই কথা জানি এওঁলোকৰ লাভ কি? তদুপৰি তেওঁ যে অবিবাহিত সেই কথাও আটায়ে জানে। এওঁলোকেও নিশ্চয় জানে কথাটোগতিকে সকলো জানি-শুনিও এইবোৰ ব্যক্তিগত প্রশ্ন সোধাৰ কাৰণ কি ?

    তথাপিও বাবৰে ভদ্ৰতা ৰক্ষাৰ খাতিৰতে সেমেনা-সেমেনি কৰি ক'লেআপুনি শুনা কথাটো মিছা নহয়৷ মোৰ ভাগ্যত বিয়া নাইয়ে হয়তো।

    মোৰ বিশ্বাস, ভাগ্য আপোনাৰ ওপৰত প্ৰসন্ন আপুনি মুজাফ্ফৰৰ ভায়েকৰ দৰে। আপোনালোক দুয়ো তৈমূৰ বংশীয়। আপুনি হিৰাতত মুজাফ্ফৰৰ লগত থাকি যাওঁক। হিৰাতৰ আটাইতকৈ সুন্দৰী কইনাৰ লগতে আপোনাৰ বিয়া পাতি দিম ম‍ই৷

    লঘু হাঁহি-তামচাৰ আঁৰত অৱশ্যেই গম্ভীৰ সংকেত প্ৰচ্ছন্ন হৈ আছিল। সাধাৰণ দৃষ্টিত কথাবোৰ লঘু যেন লাগিলেও কথাবোৰৰ মাজত লুকাই আছিল দূৰদৰ্শী খাদিচা বেগমৰ গভীৰ ষড়যন্ত্র। মুজাফ্‌ফ্ফৰ আৰু বদিউজ্জামান দুয়ো তাইৰ গৰ্ভজাত সন্তান হ'লেও তাই আচলতে মুজাফ্ফৰকহে বেছি ভাল পায়৷ মুজাফ্ফৰে চিৰদিন বাদচাহ হৈ থকাটো তাই মনে প্রাণে কামনা কৰে। গতিকে সিংহাসন নিষ্কণ্টক কৰাৰ কাৰণে তাই সিংহাসনৰ সাম্ভাৱ্য দাবীদাৰ মির্জা মোমিন আৰু চুলতান হোচেনক কেতিয়াবাই হত্যা কৰাইছে। বৰ্তমান বদিউজ্জামানেই মুজাফ্ফৰৰ একমাত্ৰ প্ৰতিদ্বন্দ্বীবদিউজ্জামানক আঁতৰাব পাৰিলেই মুজাফ্‌ফ্ফৰ নিষ্কণ্টক৷ গতিকে তাই বিয়াৰ টোপ দি বাবৰক মুজাফ্ফৰৰ ভায়েক কৰি লোৱাৰ সিদ্ধান্ত লৈছে আৰু কামটো কৰিব পাৰিলেই তাইৰ ইস্পিত লক্ষ্যত উপনীত হোৱাৰ বাটত এধাপ আগবাঢ়ি যাব পাৰে

    মোৰ কাৰণে আপুনি চিন্তা কৰা দেখি মই আপোনাৰ শলাগ লৈছোঁ। বাবৰে কৃত্ৰিম প্ৰশংসা কৰি খাদিচা বেগমক সান্ত্বনা দিবলৈ ক'লেকিন্তু আমাৰ বাটত হেঙাৰ থিয় হৈ আছে।

    হেঙাৰ? কেনেকুৱা হেঙাৰ ? খাদিচা বেগমে উৎকণ্ঠিতভাবে প্রশ্ন কৰিলে৷

    ক্ষমা কৰিবসেইবোৰ কথা...... বাবৰে পৰিচাৰিকা কেইগৰাকীলৈ দৃষ্টি বুলাই পুনৰ খাদিচা বেগমলৈ চাই ক'লেএই ভদ্ৰ মহিলাসকলৰ সন্মুখত সেই কথা ক'বলৈ মই টান পাইছোঁ

    বাবৰে তলমূৰ কৰিলে। খদিচা বেগমে পৰিচাৰিকা কেইগৰাকীক কক্ষৰ পৰা ওলাই যাবলৈ নির্দেশ দিলে। ইংগিত পাই পৰিচাৰিকা কেইগৰাকী কক্ষৰ পৰা ওলাই গ'ল ।

    বাবৰে গহীন-গম্ভীৰভাবে আৰম্ভ কৰিলে মালিকা চাহিবা, আমাৰ ফালে বর্তমান এক সংকটময় মুহূর্ত মুখব্যদন কৰি আগবাঢ়ি আহি আছে। সেই সংকটৰ নায়ক হ'ল শৈৱানী খাঁ। শৈৱানী খাঁই আন্দিজানৰ পৰা আৰম্ভ কৰি খোৰাচান, মর্ব, তুর্কিস্থানলৈকে দখল কৰি এক বিশাল সেনাবাহিনী গঠন কৰিছে। তেওঁ প্ৰতিটো যুদ্ধৰ আগমুহূৰ্তত অতি নিখুঁত যোজনা তৈয়াৰ কৰি লয়। ফলত তেওঁ যেতিয়া যুদ্ধত অৱতীৰ্ণ হয়, তেতিয়া অতি সতৰ্ক আৰু নিপুণ যোদ্ধাও তেওঁৰ আগত তিষ্ঠি উঠা কঠিন হৈ পৰে। মই নিজ চকুৰে তেওঁৰ সেই ৰণ কৌশল প্ৰত্যক্ষ কৰিছোঁ

    বাবৰে এইদৰে ভূমিকা কৰি শৈৱানী খাঁৰ সৈন্যবল আৰু ক্ৰুৰতাৰ বিষয়ে দুই-চাৰিটা উদাহৰণো দাঙি ধৰিলে ৷

    খাদিচা বেগমৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। তাই অতি বিচলিত কণ্ঠত ক'লেআমি সেই আপদ কেনেকৈ দূৰ কৰিব পাৰোঁ, তাকে কওঁক। আপোনাৰ বৰ্ণনা শুনিয়ে ভয়ত মোৰ হাত-ভৰি জঠৰ লগাৰ উপক্ৰম হৈছে।

    খাদিচা বেগমে ভয় খোৱা দেখি বাবৰ উৎসাহিত হৈ উঠিল। তেওঁ উৎসাহিত কণ্ঠত ক'লেসেই বিপদৰ পৰা পৰিত্ৰাণৰ উপায় নিশ্চয় ওলাব। কিন্তু তাৰ আগতে আমি আটায়ে শত্ৰুতা পাহৰি বিচ্ছিন্ন হৈ থকা তৈমূৰ বংশীয় লোকসকলক একগোট কৰি এক সন্মিলিত বাহিনী গঠন কৰিব লাগিব। যিবোৰ ঠাইত আমাৰ শাসন প্ৰৱৰ্তন আছে সেইবোৰ ঠাইত নতুন সৈন্য ভৰ্তি কৰি আমি একেলগে প্রশিক্ষিত কৰিব লাগিবআমাৰ সন্মিলিত বাহিনীত অতি কমেও পঞ্চাছ ষাঠি হাজাৰ সৈন্য থাকিব লাগিব

    কিন্তু সেই বাহিনীৰ সেনা নায়ক কোন হ'? খাদিচা বেগম সচকিত হৈ উঠিল।

    কাশিম বেগে অর্থপূর্ণ দৃষ্টিত বাবৰৰ ফালে চালে। কাশিম বেগৰ মতে একমাত্র বাবৰেই সেই সন্মিলিত বাহিনীৰ সেনা নায়ক হোৱাৰ বাবে উপযুক্তবাবৰে নিজকেও সেই বাহিনীৰ সেনা নায়ক হোৱাৰ বাবে উপযুক্ত বুলি ভাবিছিল আৰু সেনা নায়ক হোৱাৰ ইচ্ছাও আছিল। কিন্তু বাবৰে অৱশ্যে এই কথাও জানিছিল যে, খাদিচা বেগমে কেতিয়াও তেওঁক সমৰ্থন নকৰিব। তাই এইক্ষেত্ৰত মাথোন মুজাফ্ফৰকহে সমৰ্থন কৰিব

    গতিকে বাবৰে খাদিচা বেগমক সন্তুষ্ট কৰাৰ কাৰণে মুজাফ্ফৰৰ কথা ক'ব খুজিছিল। কিন্তু বদিউদ্ জামানৰ উজীৰ-এ-আজম জুন্নুন বেগ তাত উপস্থিত থকা কাৰণে তেওঁ ক'ব খোজা কথাটো পোনপটীয়াভাবে নকৈ দ্ব্যর্থবোধক ভাবে ক'লেসেনা নায়ক কোন হ'ব সেই সিদ্ধান্ত হিৰাতৰ শাসক দুই ভাতৃয়ে লোৱা উচিত হ'

     উপস্থিত বেগসকলৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে খাদিচা বেগমে সিহঁতৰ ফালে সন্ধানী দৃষ্টিত চালে।

    জুন্নুন বেগে থিয় দি ক'লেআমাৰ মহামান্য অতিথিয়ে শৈৱানী খাঁৰ শক্তি আৰু চতুৰালি সম্পর্কে আমাক সচেতন কৰাৰ কাৰণে আমি মহামান্যক ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ ধাৰণা শৈৱানী খাঁই মাউৰা উন্নহৰত বিজয় সাব্যস্ত কৰিব পাৰিলেও খোৰাচানত তেওঁৰ পৰাজয় অনিবার্যগতিকে আমি ইয়াকে লৈ এতিয়াই ব্যতিব্যস্ত হোৱাৰ কোনো অর্থ দেখা নাই। যদি মহামান্যই কোৱা মতে শৈৱানী খাঁ খোৰাচানৰ ফালে হাতোৰা মেলেই তেতিয়া কঁথা চাই ভৰি মেলিলেই হ'ব যেন মোৰ মনে ধৰে। কাৰণ আমাৰ সেনা বলতো কম নহয়

    খাদিচা বেগম সৰু পুতেক মুজাফ্ফৰৰ পক্ষতহে আছিল আৰু মুজাফ্ফৰেই বাবৰৰ কল্পিত সন্মিলিত বাহিনীৰ সেনা নায়ক হোৱাটো কামনা কৰিছিলকিন্তু বাহিনী গঠনৰ পাছত যদিহে মুজাফ্ফৰৰ পৰিবৰ্তে বদিউদ জামান সেনা নায়ক হয় ? এই সন্দেহৰ চিকাৰ হৈয়ে তাই জুন্নুন বেগক সমৰ্থন কৰি ক'লেময়ো বেগ চাহাবক সমৰ্থন কৰোঁ। সদ্যহতে সন্মিলিত বাহিনীৰ চিন্তা নকৰাই উত্তম হ'ব।

    সিদিনাৰ আলোচনা সিমানতে সামৰি পাছদিনা বদিউদ জামানৰ ওচৰলৈ গৈয়ো বাবৰে একেটা প্রস্তাৱকে আগবঢ়ালে। বদিউদ জামানেও তেওঁক নিৰাশ কৰিলে। সন্মিলিত বাহিনী গঠন কৰিলে তেওঁ যদি সেনা নায়ক হ'ব নোৱাৰে এই সন্দেহৰ বশৱৰ্তী হৈয়ে তেৱোঁ বাবৰৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে

    সন্মিলিত বাহিনী গঠনৰ ক্ষেত্ৰত নিৰাশ হৈ বাবৰে কেইদিনমান পাছতে নিজৰ সৈন্য সামন্ত লৈ কাবুললৈ গুচি আহিল ।

    কাবুলৰ সিংহাসন তেতিয়া অৰক্ষিত অৱস্থাত পৰি আছিলগতিকে কাবুলৰ বেগসকলে সর্বসন্মতিক্রমে বাবৰক কাবুলৰ সিংহাসনত অধিষ্ঠিত কৰিলে। সিংহাসনত অধিষ্ঠিত হৈয়ে তেওঁ হৃত ৰাজ্য পুনৰুদ্ধাৰৰ বাবে সেনা সংগ্রহত মনোনিবেশ কৰিলে।

    বাবৰ কাবুলৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ কিছুদিন পাছতে তেওঁৰ ভৱিষ্যত বাণী ফলিয়ালে

    শীতকালি শেষ হোৱাৰ লগে লগে শৈৱানী খাঁই তেওঁৰ বিশাল বাহিনী লৈ হিৰাতৰ ফালে আগবাঢ়ি আহিল। মুজাফ্ফৰ আৰু বদিউদ জামানে দুৰ্যোগৰ সময়তো বিদ্বেষ পাহৰি একগোট হ'ব নোৱাৰিলে। তেওঁলোকে পৃথকে পৃথকে শৈৱানী খাঁৰ গতিৰোধ কৰিবলৈ চেষ্টা কৰি বিফল হ'ল। ফলত দুয়ো ভায়েক-ককায়েক শৈৱানী খাঁৰ হাতত শোচনীয়ভাবে পৰাজিত হ'ল৷

    যুদ্ধত পৰাজিত হৈ বদিউদ জামানে ধন-সোণ ঘোঁৰাৰ পিঠিত বোজাই দি আত্মীয়-পৰিজন লৈ কান্দাহাৰলৈ পলাই গ'ল। আনহাতে মুজাফ্ফৰে আত্মীয়-পৰিজন শত্ৰুৰ হাতত এৰি থৈ পশ্চিম দিশত থকা আস্তাৰাবাদৰ ফালে মাথোন নিজৰ জীৱন লৈ পলাল

    শৈৱানী খাঁৰ বিজয়োন্মত্ত সেনাই অবাধে লুট-পাত চলালে। দুয়ো ভায়েক- ককায়েকৰ বিশিষ্ট মানুহবোৰৰ ওপৰত চলালে অকথ্য নির্যাতন। আর্কত আশ্রয় লৈ থকা মহিলাসকলক বিচাৰি উলিয়াই অমানৱীয় পশুসুলভ আচৰণ কৰিবলৈও সিহঁতে কুণ্ঠাবোধ নকৰিলে। অমানুষিক বৰ্বৰ অত্যাচাৰত হিৰাতৰ মানুহবোৰ আতংকিত হৈ উঠিল। লুট-পাতৰ তাণ্ডৱত সিহঁত সৰ্বহাৰা হৈ পৰিলৰাজপৰিয়াল আৰু সাধাৰণ মানুহৰ নিৰাপত্তা ও শান্তি সমুলঞ্চে নোহোৱা হ'ল।

    শৈৱানী খাঁই আৰ্কৰ পৰা জুৰ-জুলুম কৰি ধৰি আনি মুজাফ্ফৰৰ মাক খাদিচা বেগমক মনচুৰ বক্সী নামৰ এজন বেগৰ লগত নিকাহ দি দিলে আৰু নিজে মুজাফ্ফৰৰ বেগম কাৰাকোজ বেগমক নিকাহ কৰিলে

    ৰাতিৰ পাছত দিন আৰু দিনৰ পাছত ৰাতি এয়াই হ'ল সৃষ্টিৰ নিয়ম।হিৰাত দখলৰ কিছুদিন পাচতে শৈৱানী খাঁৰ ভাগ্যাকাশো পৰাজয়ৰ কলা ডাৱৰে ছানি ধৰিলে। তেওঁৰ অন্যায়-অত্যাচাৰৰ বাতৰি পাই ইৰাণৰ শাসক ইছমাইলে ত্রিশ হাজাৰ সেনা লৈ হিৰাতৰ ফালে আগুৱাই আহিল। খবৰ পাই শৈৱানী খাঁই ইছমাইলক এসেকা দিবলৈ বুলি নিজৰ বাহিনী লৈ ওলাল৷ কিন্তু ইছমাইলৰ লগত হোৱা সন্মুখ সমৰত শৈৱানী খাঁৰ শোচনীয় পৰাজয় হ'ল। শৈৱানী খাঁ নিজেও নিহত হ'ল সেই যুদ্ধতইছমাইলৰ সেনাই শৈৱানী খাঁৰ মূৰটো কাটি নি বাদচাহক উপহাৰ দিলেলগে লগে এজন লোভী, বৰ্বৰ বিভীষিকাময় শাসকৰ কলংকিত জীৱনৰ অন্ত পৰিল

    ইছমাইলে হিৰাত অধিকাৰ কৰি শৈৱানী খাঁৰ সমস্ত সম্পত্তি আৰু পুৰ-নাৰীসকলক নিজৰ অধীনলৈ আনিলে৷পুৰ-নাৰীসকলৰ ভিতৰত বাবৰৰ বায়েক খানজাদা বেগমো আছিল।খানজাদা বেগম তেতিয়া শৈৱানী খাঁৰ আঠবছৰীয়া পুত্ৰ সন্তানৰ মাতৃ

    ইফালে ইছমাইলে হিৰাত আক্ৰমণৰ সময়ত বাবৰে ইছমাইলক সহায় কৰাৰ বাবে নিজৰ বাহিনী লৈ ওলাই আহিছিল। কিন্তু ইছমাইলে তেওঁৰ সহায়ৰ প্রয়োজন নহ'ব বুলি কৈ পঠিওৱাত তেওঁ হৃতৰাজ্য পুনৰুদ্ধাৰৰ বাবে আন্দিজানলৈ আহি অতি সহজে আন্দিজান দখল কৰিলেআন্দিজান দখলৰ পাছত বাবৰৰ মনোবল বৃদ্ধি পোৱাত তেওঁ হিচাৰ আক্ৰমণ কৰিবলৈ হিচাৰ অভিমুখে ৰাওনা হৈ আহিল

    হিচাৰ আক্ৰমণ কৰিবলৈ আহি বাবৰে কুন্দুজ নামৰ এখন ঠাইত ছাউনী পাতিলে। তেতিয়াই বাবৰে শৈৱানী খাঁৰ পৰাজয়ৰ বাতৰি পালে। ইছমাইলে শৈৱানী খাঁৰ পুৰ-নাৰীসকলক আটক কৰাৰ কথা শুনি বাবৰে বায়েক খানজাদা বেগমক মোকলাই দিয়াৰ বাবে ইছমাইললৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। ইছমাইলে বাবৰৰ ভব্যতা, সভ্যতা আৰু ক্ষমতাৰ বিষয়ে ভালদৰেই অৱগত আছিলগতিকে পত্র পাই তেওঁ খানজাদা বেগমক মোকলাই দিলে।

    মুক্তি পাই খানজাদা বেগমে আঠ বছৰীয়া সন্তান খুৰমক লৈ কুন্দুজলৈ আহি বাবৰৰ লগত মিলিত হ'ল। সুদীর্ঘ আঠ বছৰ পাছত বায়েকক দেখি বাবৰৰ চকু পানী ওলাই আহিল। দীর্ঘ দিনৰ অন্তত বায়েক-ভায়েকৰ মিলনত শিবিৰৰ আটায়ে উৎফুল্লিত হৈ উঠিল।

    কুন্দুজ!

    চাৰিওফালে পাহাৰেৰে আগুৰা হিন্দুকোশ পৰ্বতৰ পাদদেশত অৱস্থিত এখন দুর্গম দ জলাশয় ঠাই। বাবৰে নিৰাপত্তাৰ খাতিৰতে দুৰ্গম ঠাইত ছাউনী পাতি হিচাৰ আক্ৰমণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছিল। যুদ্ধৰ প্ৰস্তুতি চলি থাকোঁতেই বাবৰ আন এক বিপর্যয়ৰ সন্মুখীন হ'ল।

    শৈৱানী খাঁ নিহত হোৱাৰ পাছত তেওঁৰ একাংশ সেনা ইছমাইলৰ ৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ বাবৰৰ ওচৰত আশ্ৰয় লৈছিল। সেই সেনা দলৰে একাংশ সেনা বাবৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হ'ল। কথাটো কাশিম বেগৰ কাণত পৰিল ৷ বিদ্ৰোহী সেনাদলৰ নেতা আছিল কবচ খাঁ নামৰ এজন বেগতাৰ অধীনত বিছ হাজাৰ সেনা আছিলসেনাবোৰ সুপ্রশিক্ষিত আৰু যুদ্ধবলীয়া আছিল। ভেৰোণীয়া হিচাপে যুদ্ধ কৰাই আছিল সিহঁতৰ জীৱিকা নিৰ্বাহৰ উপায়যি পক্ষৰ পৰা টকা পাইছিল সেই পক্ষৰ হৈয়ে সিহঁতে যুদ্ধ কৰিছিল। যি পক্ষৰ হৈ যুদ্ধ কৰি লুটপাতৰ জৰিয়তে অধিক ধন-সোণ পোৱাৰ সম্ভাৱনা দেখিছিল সেই পক্ষৰ হৈ যুদ্ধ কৰিবলৈ সিহঁত বেছি আগ্ৰহী আছিল। বাবৰৰ বিজয়ৰ পূৰ্বাভাস পাইয়ে সিহঁতে বাবৰৰ দলত যোগদান কৰিছিল৷ সেই সেনা দলত শৈৱানী খাঁৰ লগত সুসম্পৰ্ক থকা সেনা সংখ্যাই আছিল অধিক।

    ইফালে কবচ খাঁৰ লগত বাবৰৰ পূৰ্বৰ শত্ৰুতাও আছিল। যোৱা বছৰ কাবুলত থাকোঁতে কবচ খাঁৰ ভায়েক এজনে বাবৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাত বাবৰে কথাটো গম পাই তাক ফাঁচীত ওলোমাই হত্যা কৰিছিলসেয়াই আছিল বাবৰৰ প্ৰতি কবচ খাঁৰ বিদ্ৰোহৰ কাৰণআচলতে বাবৰৰ ওপৰত ভায়েক হত্যাৰ প্রতিশোধ লোৱাৰ উদ্দেশ্যেই সি অ'ৰ তৰ পৰা সেনা সংগ্ৰহ কৰি বাবৰৰ ওচৰত আশ্ৰয় লৈছিলহিকিন্তু ৰাজবংশোদ্ভৱ মানুহৰ অভাৱৰ বাবেই সি তাৰ প্ৰতিশোধ স্পৃহা পূৰণৰ বাবে আগবাঢ়িব পৰা নাছিলকাৰণ বিদ্ৰোহ ঘোষণা কৰিবলৈ হ'লে এজন ৰাজবংশোদ্ভৱ লোকৰ প্ৰয়োজন হ'ব আৰু তেওঁৰ অধীনতে সেনাবাহিনী পৰিচালনা কৰিব লাগিব। নহ'লে অন্যান্য শাসকসকল জাঙোৰ খাই উঠি বাবৰৰ পক্ষ ল'ব।

    বাবৰৰ খুৰাক আলাচা খাঁৰ সোতৰ বছৰীয়া পুতেক ছৈয়দ খাঁ বাবৰৰ বাহিনীৰ এজন সেনা আছিল। কবচ খাঁৰ চকু গ'ল ছৈয়দ খাঁৰ ওপৰতকবচ খাঁই তাৰ অভীষ্ট সিদ্ধিৰ বাবে ছৈয়দ খাঁক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ উঠিল। সি ছৈয়দ খাঁক নিজৰ জালত পেলাবলৈ চেষ্টা চলালে। কিন্তু ছৈয়দ খাঁ আছিল বিশ্বস্ত আৰু বুদ্ধিমান। গতিকে সি কবচ খাঁৰ প্ৰস্তাৱ পোনপটীয়াভাবে প্ৰত্যাখ্যান নকৰি বিচাৰ-বিবেচনা কৰাৰ বাবে সময় লৈ গোপনে কাশিম বেগক কথাটো জনাই দিলে।

    কাশিম বেগেও অতি গোপনে কথাটো বাবৰৰ কাণ চোৱালে। কথাটো শুনি বাবৰ খঙত জ্বলি-পকি উঠিলশঠ-প্ৰৱঞ্চকহঁত! তহঁতে মোৰ পিঠিত আৰু কিমান দিন চুৰিকাঘাত কৰি থাকিবি? এইদৰে কৈয়ে বাবৰে কাশিম বেগলৈ উদ্দেশ্য কৰি ক'লেআহম্মদ তনৱালৰ কথা আপোনাৰ মনত আছে নে বেগ চাহাব? আহম্মদ তনৱালো এজন মোগল আছিল৷ তাক বিশ্বাস কৰি ক্ষমা কৰাৰ কাৰণে সি মোৰ লগত শত্ৰুতা কৰাৰ সুযোগ পাইছিল। মই বহুত সহ্য কৰিছোঁ। আৰু সহ্য নকৰোঁ। আপুনি ষড়যন্ত্ৰকাৰীবোৰক গ্ৰেপ্তাৰ কৰি টুকুৰা-টুকুৰকৈ কাটি শিয়াল-শগুণক বিলাই দিয়ক।

    তেওঁলোকে গোপনীয়তা ৰক্ষাৰ বাবেই পাহাৰ এখনৰ ওপৰত থিয় হৈ কথা পাতি আছিল। বাবৰৰ খং উঠা দেখি কাশিম বেগ সচকিত হৈ উঠিল। তেওঁ পাহাৰৰ পাদদেশলৈ চাই পঠিয়ালে ।

    পাহাৰৰ পাদদেশত হাজাৰ হাজাৰ তম্বু তৰা আছিলতম্বুবোৰলৈ দৃষ্টি নিবন্ধ কৰি তেওঁ ধীৰ শান্ত সুৰত ক'লেকিন্তু জাহাঁপনা, ষড়যন্ত্রকাৰীবোৰ যথেষ্ট শক্তিশালী। সিহঁতৰ অধীনত বিছ হাজাৰতকৈও অধিক সেনা আছে।

    আটাইবোৰ মোগলেই এই ষড়যন্ত্ৰত লিপ্ত নেকি?

    সম্ভৱতঃ আটাইবোৰ লিপ্ত নহয়। ছৈয়দ খাঁওতো মোগলেই, সি দেখোন আমাৰ প্ৰতি পূৰা বিশ্বস্ততাই প্ৰদৰ্শন কৰি আছে। হয়তো সৰহ সংখ্যক মোগলৰেই আমাৰ প্ৰতি ভাল মনোভাবেই আছে।

    তেনেহ'লে একমাত্র কবচ খাঁকে বন্দী কৰকগৈ

    চিন্তাৰ গাম্ভীর্যত কাশিম বেগৰ ভ্ৰযোৰ কোঁচ খাই গতেওঁ হতাশা মিশ্ৰিত সুৰত ক'লেকিন্তু জাহাঁপনা, ষড়যন্ত্ৰকাৰীবোৰৰ মাজত কবচ খাঁৰ প্ৰভাৱেই আটাইতকৈ বেছিবহুতো বেগ তাৰ আত্মীয়ও। আমি তাৰ ওপৰত প্রতিশোধ ল'বলৈ গ'লে বাকী বেগবোৰ জাঙোৰ খাই উঠিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আমাৰ হিচাৰ আক্ৰমণৰ ওপৰতো পৰিব পাৰে!

    কাশিম বেগৰ ধাৰণা অমূলক নাছিল। বিছ হাজাৰ সেনাৰ মাজত কোন সপক্ষে আৰু কোন বিপক্ষে সঠিককৈ কোৱা সঁচাকৈয়ে কঠিন কামতদুপৰি শত্রু-মিত্ৰ বিচাৰি উলিয়াবলৈ হ'লেও যথেষ্ট সময়ৰ প্ৰয়োজন। ইফালে অতি সোনকালে হিচাৰ আক্ৰমণ কৰাও প্রয়োজন। নহ'লে বাৰিষাকাল আৰম্ভ হ'লে সকলো ৰাস্তা-ঘাট বন্ধ হৈ যাবৰাস্তা-ঘাট বন্ধ হ'লে হিচাৰ আক্ৰমণ কৰা সম্ভৱ নহ'ব।

    সেয়ে বাবৰেও কাশিম বেগৰ যুক্তিৰ সপক্ষে আৰু বিপক্ষে নিজৰ মনতে জুকিয়াই চালে৷ বিপক্ষ যুক্তিয়েই তেওঁৰ মনত বেছিকৈ প্ৰভাব পেলালে। যুক্তিত হাৰি খঙেই অৱশেষত অসন্তোষৰ ৰূপ ল'লে। নিৰুদ্ধ আক্রোশত তেওঁ উত্তেজিত কণ্ঠত ক'লেবিদ্রোহী, বিশ্বাসঘাতক! কবচ খাঁই বিদ্ৰোহীবোৰক একগোট কৰি আমাৰ ওপৰত আঘাত হানাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে! যুদ্ধ শেষ হোৱাৰ পাছত তাক মই এনেকুৱা শাস্তি দিম যে, তাৰ পৰিণামৰ কথা ভাবি কোনেও যেন ভৱিষ্যতে আমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ সাহ নকৰে ৷

    আপুনি ঠিকেই ভাবিছে, জাহাঁপনা ৷ প্ৰৱঞ্চকৰ বিৰুদ্ধে ন্যায়সংগতভাবে যুঁজা অৱশ্যেই উচিত নহয় । কিন্তু মই এইক্ষেত্ৰত বেলেগ ধৰণেহে আগবাঢ়িব খুজিছোঁ

     বেলেগ ধৰণে! কেনেকৈ ?

    ছৈয়দ খাঁ আপোনাৰ বিশ্বস্ত । ষড়যন্ত্ৰকাৰীবোৰে ছৈয়দ খাঁক সিহঁতৰ নেতা পাতিব খুজিছে। গতিকে আপুনি সিহঁতৰ মতামতক সমৰ্থন কৰি ছৈয়দ খাঁক সিহঁতৰ লগত আন্দিজানলৈ পঠিয়াই দিয়কআন্দিজান বর্তমান আমাৰ অধীনতছৈয়দ খাঁই তালৈ গৈ শাসনৰ দায়িত্ব চম্ভালকগৈ ৷ এইদৰে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি আমি বৰ্তমান কৱচ খাঁৰ পৰা পৰিত্ৰাণ পাব লাগিব৷

    কিন্তু শেষত অন্যান্য মোগলেও যদি ইয়াৰ সুবিধা লব খুজে ?

    অৱশ্যে তেনেকুৱা হ'ব পাৰে! কাশিম বেগে খন্তেক ভাবি ক'লেমই তাৰো ব্যৱস্থা কৰিমমই বিদ্রোহী বেগসকলক বুজাই কম, যে সিহঁতে একমাত্র মোৰ কাৰণেই আপোনাৰ ৰোষৰ পৰা পৰিত্ৰাণ পালে। ভৱিষ্যতে কোনোবাই এনেকুৱা আচৰণ কৰিলে ম‍ই সিহঁতক ৰক্ষা কৰিব নোৱাৰিমতদুপৰি আমি সিহঁতৰ ওপৰত সদায় চকু ৰাখিব লাগিব। যদি কেতিয়াবা সিহঁতৰ কোনো সন্দেহজনক আচৰণ চকুত পৰে তেনেহ'লে লগে লগেই আমি সিহঁতক আটক কৰিব লাগিব ৷

    ছৈয়দ খাঁক বিদ্রোহীসকলৰ লগত আন্দিজানলৈ পঠিওৱাটো ছৈয়দ খাঁক কোৰবাণী দিয়াৰ দৰেই বাবৰৰ মনত অনুমান হ'গতিকে কাশিম বেগৰ আত্মঘাতী পৰিকল্পনা বাবৰৰ মনপুত নহ'ল। কিন্তু তেওঁ বিকল্প কোনো উপায়ো ভাবি উলিয়াব নোৱাৰিলে । গতিকে তেওঁ অনিচ্ছাসত্বেও কাশিম বেগৰ লগত সহযোগ কৰিবলৈ বাধ্য হ'ল আৰু কাশিম বেগৰ যোজনা অনুসৰি কবচ খাঁৰ লগত ছৈয়দ খাঁক আন্দিজানলৈ পঠিয়াই দিলে।

    গৰম পৰাৰ লগে লগে বাবৰে সেনাবাহিনী লৈ পঞ্জ নদী পাৰ হৈ বদুচ ঘাটিৰ ফালে দ্রুত আগবাঢ়িবলৈ ধৰিলে। ইৰাণৰ বাদচাহ ইছমাইলে এদল কিজিলবাসী (ইছমাইল ইৰাণৰ কিজিলবাশ্ব নামৰ ঠাইৰ বাসিন্দা আছিলগতিকে ইৰাণৰ একাংশ সেনাক কিজিলবাসী সেনা বুলি কোৱা হৈছিল) সেনা বাবৰৰ সহায়ৰ কাৰণে বন্ধুত্বৰ চিহ্ন স্বৰূপে প্ৰেৰণ কৰিছিল। সিহঁত তৰমেজৰ ওচৰত বদুচত বাবৰৰ আগমনৰ অপেক্ষাত আগৰে পৰা বাহৰ পাতি ৰৈ আছিল ৷

    বাবৰ বদুচ ঘাটি অভিমুখে আগবাঢ়ি অহাৰ কথা শুনি শৈৱানী খাঁৰ পুতেক তৈমূৰ চুলতান বিচলিত হৈ উঠিল। সি জানিছিল যে বাবৰ তৰমেজৰ ফালেৰে আহি বদুচ ঘাটিত কিজিলবাসীসকলৰ লগত মিলিত হ'লে তাৰ পৰাজয় নিশ্চিতগতিকে সি নিজৰ বাহিনীৰ এটা অংশ উবেদুল্যা চুলতানৰ নেতৃত্বত কৰ্চী আৰু চমৰকন্দত থৈ মূল বাহিনী লৈ হিচাৰলৈ আহি আসন্ন আক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যোজনা তৈয়াৰ কৰিবলৈ বাধ্য হৈ পৰিল৷ বাবৰ সেনা আহি হিচাৰ পোৱাৰ আগতেই এই সিদ্ধান্ত ল'লে সি

    সিদ্ধান্ত মৰ্মেই তৈমূৰ চুলতানে জানী বেগ, হামজাহ চুলতান আৰু মেহদী চুলতানৰ নেতৃত্বত ত্রিশ হাজাৰ সেনাৰ এক বিশাল বাহিনী লৈ স্তেপীৰ ফালে আগবাঢ়িলসিহঁত দ্রুত স্তেপী আহি পালেহি। বাবৰ সেনা বহচ নদী পাৰ হোৱাৰ আগতে সিহঁতক ভেঁটা দিয়াৰ উদ্দেশ্যে তৈমূৰ চুলতানৰ বাহিনী নদীৰ ইপাৰে থকা পাহাৰ বগাই ওপৰলৈ উঠি আহিবলৈ ধৰিলে৷ কিন্তু পাহাৰ বগাবলৈ গৈয়ে সিহঁত বাধাৰ সন্মুখীন হ'

    ইফালে প্ৰতিপক্ষ সেনা আহি পোৱাৰ আগতেই বাবৰ সেনা সংগীন নামৰ ঠাইত বহুচ নদী পাৰ হৈ পাহাৰ বগাই ওপৰলৈ উঠি আহি প্ৰতিপক্ষ সেনা পাহাৰ বগাই ওপৰলৈ উঠাৰ সময়ত পাহাৰৰ গা বাই তললৈ নামি আছিলবাবৰ সেনাৰ এক বৃহৎ অংশ ইতিমধ্যেই পাহাৰৰ পৰা উপত্যকালৈ নামি যোৱা সংকীৰ্ণ বাটৰ মুখত ৰৈ মালভূমিৰ ওপৰত চকু ৰাখি আছিলপ্রতিপক্ষ সেনাই উপত্যকালৈ নামি যোৱা বাটৰ মুখত বাবৰ সেনা ৰৈ থকা দেখি থমকি ৰৈ গ'সিহঁতে পাহাৰ বগাবলৈ এৰি দলৰ মাজতে আসন্ন পৰিস্থিতিৰ কেনেকৈ মুকাবিলা কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ ধৰিলে

    বাবৰে পাহাৰৰ ওপৰৰ পৰাই প্ৰতিপক্ষ সেনাৰ গতিবিধি নিৰীক্ষণ কৰি আছিল। তেওঁ লক্ষ্য কৰিলে যে, প্রতিপক্ষৰ বেগ সকলে পৰস্পৰৰ মাজত দিহা পৰামৰ্শ কৰি দিহা-দিহি গুচি গ'ল। খন্তেক পাছত তৈমূৰ চুলতানক দহ হাজাৰ সেনা লৈ সমতললৈ যোৱা ৰাস্তাৰফালে আগবাঢ়ি যোৱা দেখিলে। প্রতিপক্ষৰ গতিবিধি লক্ষ্য কৰি বাবৰ এটা সিদ্ধান্তত উপনীত হ'ল যে, প্রতিপক্ষই তেওঁ দখল কৰি থকা ওখ ঠাই ডোখৰ আগুৰি পেলোৱাৰ সিদ্ধান্তলৈয়ে তেনেকৈ আগবাঢ়ি আহিছে।

            বাবৰৰ মস্তিষ্ক ক্রিয়াশীল হৈ উঠিল। প্রতিপক্ষৰ মনোভাব উপলব্ধি কৰি তেওঁ বেগসকলৰ লগত পৰামৰ্শ কৰি মির্জা খাঁ নামৰ এজন বেগৰ নেতৃত্বত এদল সেনা প্রতিপক্ষ  সেনাক বাধা দিবলৈ প্ৰেৰণ কৰিলে

    তৈমূৰ চুলতানৰ অধীনত অহা সেনা পোনে পোনে পাহাৰৰ ওপৰলৈ উঠাত অসুবিধা হোৱাৰ কাৰণে বৃত্তাকাৰে ঘূৰি উঠিবলৈ বাধ্য হ'ল। এই সুযোগত মির্জা খাঁই প্রতিপক্ষতকৈ আগতে গন্তব্য স্থানলৈ আহি সমগ্ৰ ওখ ঠাই দখল কৰি প্ৰতিপক্ষৰ আগমনৰ অপেক্ষাত ৰৈ থাকিল

    তৈমূৰ চুলতানে গন্তব্যস্থানলৈ আহি বাবৰ সেনাক সমগ্ৰ ওখ ঠাই দখল কৰি থকা দেখি সংকীৰ্ণ বাট এটাৰে পাহাৰৰ ঢাল বগাই ওপৰলৈ উঠিবলৈ ধৰিলে। মির্জা খাঁই প্রতিপক্ষৰ মনোভাৱ উপলব্ধি কৰিব পাৰি সংকীৰ্ণ বাটৰ মুখলৈকে এদল সেনা পঠালেফলত দুয়ো পক্ষৰ মাজত সংঘৰ্ষ লাগিল। তৈমূৰ চুলতানে অসীম বীৰত্বৰে যুঁজিও আগবাঢ়িলৈ ব্যৰ্থ হ'ল। বাবৰ সেনাই পাহাৰৰ ওপৰৰ পৰা তীৰ, শিলগুটি আদি নিক্ষেপ কৰি তৈমূৰ চুলতানৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি দিলেতৈমূৰ চুলতানৰ সেনা প্ৰকৃততে মুকলি প্ৰান্তৰত যুঁজাত অভ্যস্ত আছিলগতিকে পাহাৰীয়া এঢলীয়া ঠাইত দক্ষতা অনুসৰি যুঁজিব নোৱাৰি সিহঁত পিচহোঁহকি যাবলৈ বাধ্য হ'

    বাবৰে খবৰলৈ জানিব পাৰিলে যে প্রতিপক্ষ সেনা ৰৈ থকা ঠাইৰ পৰা পানী বহু দূৰৈতসমতললৈ যোৱা ৰাস্তাৰ পৰা পানী কমেও দেড় মাইল আঁতৰত৷ ইফালে গৰমো পৰিছিল যথেষ্ট। গতিকে বাবৰে অনুমান কৰিলে যে, প্রতিপক্ষ সেনা অতি সোনকালেই পানীৰ সন্ধান কৰিবলৈ যাবতেওঁ তৎক্ষণাৎ প্রতিপক্ষক পানী আহৰণত বাধা দিবলৈ এদল সেনা প্ৰেৰণ কৰিলে

    তেতিয়া প্ৰায় সন্ধিয়াসূর্য অস্ত যোৱাৰ বাটত। বাবৰে কূটনীতিৰ আশ্রয় লৈ ঘোঁৰাৰ পৰা নামিল। বাবৰৰ মনোভাব বুজিব পাৰি এক হাজাৰ অশ্বাৰোহী সেনাও বাবৰৰ লগে লগে ঘোঁৰাৰ পৰা নামি লঘু পদক্ষেপত ছাউনীৰ ফালে যাবলৈ ধৰিলে।

    পাহাৰৰ পাদদেশৰ পৰা প্ৰতিপক্ষ সেনাই বাবৰ সেনাৰ গতি-বিধি লক্ষ্য কৰি আছিলবাবৰ সেনা ঘোঁৰাৰ পৰা নামি ছাউনীৰ ফালে যোৱা দেখি প্রতিপক্ষই সিদিনাৰ কাৰণে যুদ্ধ স্থগিত হ'ল বুলি ভাবিলেকিন্তু এদল শত্রু সেনা সিহঁতৰ ওপৰত চৰম আঘাত হানাৰ বাবে উপত্যকাৰ সংকীৰ্ণ বাটৰ ফালে আগুৱাই যোৱাটো সিহঁতে লক্ষ্য নকৰিলে। ফলত চুলতানসকলে নিজৰ নিজৰ সেনাক বিশ্ৰাম কৰিবলৈ দুর্ভাগ্যজনক আদেশ দিলে। সেনাবোৰে বিশ্ৰামৰ বাবে নিজৰ নিজৰ তম্বুলৈ গ'ল। কিছুসংখ্যক সেনা ওলাল পানীৰ সন্ধানতফলত সমগ্ৰ বাহিনী বিশৃংখল হৈ পৰিল৷ বাবৰ যি সুযোগৰ অপেক্ষাত ৰৈ আছিল প্ৰতিপক্ষ সেনা বিশৃংখল হৈ পৰাৰ লগে লগে সেই ইস্পিত সুযোগ আহিল। প্রতিপক্ষ সেনাক বিশৃংখল দেখিয়ে তেওঁ নিজৰ বাহিনীক আদেশ দিলেশত্রু সেনা বিশৃংখল হৈ পৰিছে। যোৱা, আক্ৰমণ কৰাসিহঁতক ধৰা আৰু মাৰি কাটি খতম কৰি দিয়া

    বাবৰৰ আদেশ পাই উপত্যকাৰ সংকীৰ্ণ বাটত ইতিমধ্যে গোপনে সমবেত হৈ থকা বাৰ হাজাৰ অশ্বাৰোহী বাঢ়নি পানীৰ সোঁতৰ দৰে প্ৰচণ্ড গতিত ওলাই আহিল৷ সিহঁতৰ সহায়ৰ বাবে পাহাৰৰ ওপৰৰ পৰা আৰু তিনি হাজাৰ পদাতিক সেনা তললৈ নামি যাবলৈ ধৰিলে৷ সেই সেনাদলৰ আটাইৰে আগে আগে খোলা তৰোৱাল লৈ নামি আহি আছিল স্বয়ং বাবৰ।

    প্রতিপক্ষৰ অপ্ৰস্তুত সেনা বাবৰ সেনাৰ আকস্মিক আক্ৰমণত কিংকর্তব্যবিমূঢ় হৈ পৰিল৷ প্ৰতি আক্ৰমণৰ অৱসৰ নাপাই সিহঁতে প্ৰাণ লৈ ততাতৈয়াকৈ পলাবলৈ ধৰিলে। ফলত খন্তেক সময়ৰ ভিতৰতে প্ৰতিপক্ষ বাহিনী ছেদেলি-ভেদেলি হৈ পৰিল৷ শত্রু সেনাৰ ব্যূহৰ মাজত পৰাৰ সোমাই ভয়ত তৈমূৰ চুলতান দূৰণিৰ উপত্যকালৈ প্ৰাণ লৈ পলাল৷ মহম্মদ দুলহায় নামৰ বাবৰ পক্ষৰ বেগ এজনে অসমী বীৰত্বৰে যুঁজি প্রতিপক্ষৰ বহু সেনা মাৰি কাটি অৱশেষত হামজাহ চুলতানক বন্দী কৰিলে। খাজা কালাৰ নেতৃত্বত যোৱা এদল সেনাই দুপৰ নিশা মেহদী চুলতানক জীয়াই জীয়াই ধৰি আনিলে৷

    উভয় চুলতান আন্দিজান আৰু কাৰাকোলত সাধাৰণ জনতাক নিৰ্বিচাৰে হত্যাৰ অপৰাধত অপৰাধী আছিল। বাবৰে দুয়োৰে মৃত্যুদণ্ডৰ আদেশ দিলে৷

    বাবৰ যুদ্ধত জয়ী হ'দুৰ্ভাগ্যৰ কলা ডাৱৰ ফালি পুনৰ সৌভাগ্য ৰবি ওলাই আহিল। অৱশেষত তেওঁ হিচাৰ জয় কৰি স্বপ্নৰ চহৰ চমৰকন্দৰ ফালে আগবাঢ়িবলৈ ধৰিলে।

    শৰতৰ নিৰ্মল আকাশজোনাক ৰাতি। বতৰৰ নানা বৰণীয়া অলেখ ফুল ফুলি আছিল বাগিচাতডালিম, নাচপতি, আতলচকে আদি কৰি নানা তৰহৰ ফল পকি মোক খা মোক খা কৰি আছিলসংগীতৰ মূৰ্চ্ছনাৰ দৰে স্নিগ্ধ কোমল সৌৰভ ভাহি আছিল বতাহত।

    মহান চমৰকন্দ চহৰৰ আটাইবোৰ দুৱাৰ খোলাসকলোৰে চহৰৰ ভিতৰত প্ৰবেশৰ বাবে আছিল অবাধ স্বাধীনতা।

    যোৱা দহদিন ধৰি চমৰকন্দ চহৰত কোনো শাসক বা সৈন্য সামন্ত নাই। বহচৰ যুদ্ধত পৰাজিত হৈ শৈৱানী খাঁৰ সমৰ্থকসকলে বাবৰৰ ভয়ত চমৰকন্দলৈ উভতি অহা নাই। সিহঁতে বাবৰৰ লগত পুনৰ সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে কৰ্শী আৰু গুজাৰৰ আশে-পাশে আৱস্থান লৈ সেনাবাহিনী পুনর্গঠন কৰাত ব্যস্ত হৈ আছিল আৰু এক তাকৰীয়া সংখ্যক সেনাহে চহৰৰ পহৰাৰ দায়িত্বত নিয়োজিত হৈ আছিল। কিন্তু সিহঁতে যেতিয়া শুনিলে যে ইৰাণৰ শাসক ইছমাইলে পঠোৱা ত্রিশ হাজাৰ কিজিলবাসী সেনা বাবৰৰ সহায়ৰ বাবে চমৰকন্দ অভিমুখে আহি আছে, তেতিয়া সিহঁতে ভয়ত কুৰ্শী, বুখাৰা আৰু চমৰকন্দ অৰক্ষিত অৱস্থাত এৰি থৈ ধন-সোণ, পশুৰ পাল, খাদ্য সামগ্ৰীলৈ স্তেপীলৈ পলাই গৈছে। ফলত তেতিয়াৰে পৰা দুৰ্গদ্বাৰ উন্মুক্ত হৈ আছে।

    মাউৰা উন্নহৰৰ কৃষক আৰু চহৰৰ বাসিন্দাসকল দীৰ্ঘকালীন যুদ্ধৰ ফলত সৰ্বস্বান্ত হৈ পৰিছিলবাৰে বাৰে শাসক পৰিবৰ্তনৰ ফলত সিহঁতৰ ওপৰেদি বৈ গৈছে অন্যায়-নির্যাতন আৰু লুটপাতৰ তাণ্ডৱ। ফলত সিহঁতৰ জীৱন হৈ পৰিছে বিপর্যস্ত-বিধ্বস্ত। সিহঁত প্ৰতি মুহূৰ্তত নিৰাপত্তাহীনতাত ভূগি আছিলগতিকে সিহঁত অঘৰী চুলতান আৰু বেগসকলৰ প্ৰতি অতিষ্ঠ, বীতশ্রদ্ধ হৈ উঠিছিলসিহঁতে কামনা কৰিছিল এজন স্থায়ী শাসক। গতিকে বাবৰৰ আগমনৰ কথা শুনি সিহঁত উৎসাহিত হৈ উঠিল। শৈৱানী খাঁৰ সমৰ্থকসকল চহৰ এৰি গুচি যোৱাৰ লগে লগে সিহঁতে দুৰ্গদ্বাৰসমূহ খুলি দি বাবৰৰ আগমনৰ অপেক্ষাত অধীৰভাবে অপেক্ষা কৰিবলৈ ধৰিলে

    বাবৰে মিত্র বাহিনীৰ লগত লগ লাগি কৰ্শী আৰু বুখাৰা বিনাযুদ্ধে অধিকাৰ কৰি উত্তৰ-পশ্চিম দিশৰ পৰা চমৰকন্দ অভিমুখে আগবাঢ়ি আছিলবাবৰ সেনা চহৰৰ পৰা কিছু নিলগত থাকোঁতেই চহৰৰ বাসিন্দাসকল তেওঁলোকক উষ্ম আদৰণি জনাবলৈ সাজু হৈ উঠিছিল। বাবৰৰ সন্মানত চহৰখন আটক ধুনীয়াকৈ সজাই তোলা হৈছিলবাবৰ দুৰ্গৰ কাষ পোৱাৰ লগে লগে চহৰৰ বিছজন বিশিষ্ট নাগৰিকে দুৰ্গৰ চাবি আৰু অন্যান্য উপহাৰ সামগ্ৰী লৈ বাবৰক আদৰি নিবলৈ আহিল৷

    চাৰবাহা দৰজাৰফালে যোৱা ৰাস্তাৰ দুয়োকাষে অগণন জনতা বাবৰৰ আগমন অপেক্ষাত শাৰীপাতি ৰৈ আছিলআনন্দ প্ৰকাশৰ প্ৰতীক আৰু বাবৰৰ সন্মানার্থে আটক ধুনীয়াকৈ সজোৱা চহৰৰ সৰ্বত্ৰ আনন্দ উল্লাস বিৰাজ কৰি আছিল৷ দালানৰ ছাদ আৰু দুৱাৰে দুৱাৰে ধ্বনিত হৈ আছিল বাঁহীৰ কোমল মিঠা সুৰ। হিচাৰ বিজয়ৰ বাবে বাবৰৰ গুণ-কীৰ্তন কৰি আৰু বাবৰক চমৰকন্দ লৈ আদৰাৰ বাবে প্ৰশংসাসূচক গজল লিখা হৈছিলসেই গজলসমূহ লিখি ঠায়ে ঠায়ে আঁৰি দিয়া হৈছিল আৰু বহুতে মুখে মুখে গাই আছিল

    উষ্ম সম্বৰ্ধনা দেখি বাবৰ অভিভূত হৈ পৰিল। যিখন চহৰৰ পৰা তেওঁ এটা সময়ত চহৰবাসীক ভাগ্যৰ হাতত এৰি দি লুকাই-চুৰকৈ পলাই গৈছিল সেইখন চহৰত যে ইমান উষ্ম সম্বর্ধনা পাব এই কথা বাবৰৰ কল্পনাৰো অগোচৰ আছিল

    দোকান-পোহাৰবোৰ ধুনীয়াকৈ সজাই তোলা হৈছিল। বিবিধ উপাদেয় খাদ্য সামগ্ৰীৰে ভৰি আছিল হালুৱৈৰ দোকানসমূহখাদ্য সামগ্ৰীৰ মলমলীয়া সুবাস বতাহত ভাহি আছিল। সমগ্ৰ চহৰত বিৰাজ কৰি আছিল উৎসৱমুখৰ পৰিৱেশ। এই সকলোবোৰ আয়োজন কৰা হৈছিল একমাত্র বাবৰ আৰু কিজিলবাসী সেনাক আদৰাৰ বাবে।

    দীর্ঘ সাত বছৰৰ মূৰত বিপুল হর্ষধ্বনিৰ মাজত বাবৰ চমৰকন্দ চহৰত প্ৰৱেশ কৰিলে। হৰ্ষ-উল্লাসৰ মাজত বাবৰ পুনৰ চমৰকন্দৰ সিংহাসনত অধিষ্ঠিত হ'ল৷ সিংহাসনত অধিষ্ঠিত হৈয়ে তেওঁ তেতিয়াও শৈৱানী খাঁৰ সমৰ্থকৰ দখলত থকা ঠাইসমূহ হস্তগত কৰাৰ বাবে মনোনিবেশ কৰিলে৷

    বাবৰে কিজিলবাসী সেনাৰ লগ লাগি এটাৰ পাছত এটা বিজয় সাব্যস্ত কৰিবলৈ ধৰিলে। তাচকন্দ, চৈৰাম, উজগন্ত আৰু উশ্বৰ শাসকসকলে বাবৰৰ বশ্যতা স্বীকাৰ কৰি বাদচাহ হিচাপে স্বীকৃতি দিলে। ইৰাণৰ বাদচাহ ইছমাইলক সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে বাবৰে শ্বাহ ইছমাইলৰ ফটো সম্বলিত কেইবা হাজাৰো সোণৰ মুদ্ৰা প্ৰস্তুত কৰি কিজিলবাসী সেনাৰ মাজত বিলাই দিলে৷ বাবৰৰ পৰা প্ৰভূত সন্মান আৰু আনুগত্য পাই কিজিলবাসী সেনাবোৰ এটা সময়ত উদণ্ড আৰু উগ্ৰ হৈ উঠিলসিহঁতে লুটপাত আৰু উচ্ছৃংখল ব্যৱহাৰেৰে চমকন্দবাসীক জৰ্জৰিত কৰি তুলিলেকিজিলবাসী সেনাৰ লুটপাত, অন্যায়- অত্যাচাৰত অতিষ্ঠ হৈ চমৰকন্দবাসীয়ে বাবৰৰ ওচৰত সিহঁতৰ বিৰুদ্ধে অভিযোগ জনালে

    সাপো যাতে মৰে লাঠিও যাতে নাভাঙে এই নীতি অনুসৰি কিজিলবাসী প্ৰভাৱশালী বেগসকলক পোচাক-পৰিচ্ছদ, তেজীঘোঁৰা, সোণ-ৰূপৰ বাচন-বৰ্তনৰ লগতে নানা উপঢৌকন দি সিহঁতক মাউৰা উন্নহৰৰ পৰা ইৰাণলৈ পঠিয়াই দিলেতেনেকৈ সৈন্য-সামন্ত পঠিয়াই দিয়াত শ্বাহ ইছমাইলে প্রকাশ্যে একো নকলেও পেটে-পেটে ক্ষুণ্ণ হ'ল। কিছুদিন পাছতে তেওঁৰ সেই ক্ষুণ্ণতাৰ প্ৰমাণো পোৱা গ'স্তেপীত তেতিয়াও শৈৱানী খাঁৰ সমৰ্থক উবেদুল্যা চুলতানে শাসনকার্য চলাই আছিলতেওঁ তলে তলে সৈন্য সংগ্ৰহ কৰি বাবৰৰ বিৰুদ্ধে যুদ্ধ দিবৰ বাবে সাজু হৈ আছিল।

    কথাটো বাবৰৰ কাণত পৰিলইফালে বহুদিন শুই বহি খাই-বই থকাত বেগ আৰু সেনাসকলৰ তৰোৱাল মামৰে ধৰাৰ উপক্ৰম হৈছিলগতিকে বেগসকলে উবেদুল্যা চুলতানৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰিবলৈ বাবৰক কুতুৰিবলৈ ধৰিলেবাবৰো মনে মনে উবেদুল্যা চুলতানৰ ওপৰত ক্ষুণ্ণ হৈ উঠিছিল। গতিকে তেওঁ বিশেষ আপত্তি নকৰিলেউবেদুল্যা চুলতানক এশিকনি দিয়াৰ বাবে ত্রিশ হাজাৰ সেনাৰ এক বিশাল বাহিনীলৈ বাবৰে স্তেপী অভিমুখে যাত্ৰা কৰিলে।

    বাবৰৰ যুদ্ধ যাত্ৰাৰ বাতৰি পাই উবেদুল্যা চুলতানে স্তেপী এৰি ৰেগিস্থানৰ ফালে পলাই গ'

    উবেদুল্যা চুলতান পলাই যোৱাৰ বাতৰি বাবৰৰ কাণতো পৰিলগতিকে তেওঁ উবেদুল্যা চুলতান ৰেগিস্থানৰ পৰা উলটি অহাৰ অপেক্ষাত ঘোঁৰাৰ দানা-পানী আৰু সেনাৰ খাদ্য সহজে পাব পৰা এডোখৰ ঠাইত ছাউনী পাতিলেকিন্তু বহুদিন অপেক্ষা কৰাৰ পাছতো উবেদুল্যা চুলতান ৰেগিস্থানৰ পৰা উভতি নাহিলইফালে বহুদিন অপেক্ষা কৰি কৰি সেনাসকলো অধৈৰ্য হৈ উঠিল৷ এটা সময়ত বাবৰৰো ধৈর্যচ্যূতি ঘটিল৷ গতিকে অনিচ্ছা সত্বেও তেওঁ বাহিনী লৈ ৰেগিস্থানৰ ফালে আগবাঢ়িলৈ ধৰিলে

    বাবৰৰ একাংশ সেনা পাহাৰীয়া লোক আছিল। সিহঁত পাহাৰীয়া ঠাইত ফুৰা-চকা কৰাত অভ্যস্ত আছিলগতিকে সিহঁতে ৰেগিস্থানৰ দৰে বালি আৰু বোকাময় ঠাইত খোজকঢ়াত বিশেষ অসুবিধা অনুভৱ কৰিবলৈ ধৰিলেকাৰণ ৰেগিস্থান আছিল নদীপৰীয়া ঠাই। ঠায়ে ঠায়েই চোৰাবালিয়ে মৰণফান্দ পাতি ৰৈ আছিল৷ কেনেবাকৈ চোৰাবালিত ভৰি দিলে ঘোঁৰাসহ মানুহ চোৰাবালিৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আছিল। ইফালে পাহাৰীয়া সেনাৰ কাৰণে চোৰাবালি আগতীয়াকৈ চিনাক্ত কৰাও অসুবিধা হৈ আছিল। গতিকে সিহঁতে ঘোঁৰা লৈ লাহে লাহে আগবাঢ়িবলৈ বাধ্য হ'

    ইফালে তোপ বৈ নিয়া গাড়ীৰ চকাও বালিৰ মাজত সোমাই পৰিবলৈ ধৰিলে। সেইবোৰ টানি তুলিবলৈ গৈ বহু সময় অযথা খৰচ কৰিবলগীয়া হ'ফলত চোৰাবালি এৰাই খোজকাঢ়িবলৈ গৈ সেনাবাহিনী এটা দীঘলীয়া শাৰীত পৰিণত হৈ পৰিলসেয়ে সেনাবাহিনী বিশৃংখল হৈ পৰিল। ফলত সেনাবাহিনীৰ মাজত অসন্তোষে দেখা দিলে। এই সুযোগতে এদল মোগল সেনাই বিশ্বাসঘাতকতা কৰিলেসিহঁতে বাবৰৰ পক্ষ ত্যাগ কৰি দহ হাজাৰ সেনা লৈ উবেদুল্যা চুলতানৰ লগত যোগ দিয়াৰ কাৰণে গুচি গ'

    আচলতে উবেদুল্যা চুলতানে কৌশলগতভাবেই ৰেগিস্থানত শিবিৰ পাতি আছিল। ৰেগিস্থানৰ প্ৰতি ইঞ্চি ঠাইৰ বিষয়ে তেওঁ ভালদৰে অৱগত আছিল সেয়ে তেওঁ বাবৰক শলঠেকত পেলাবলৈহে ৰেগিস্থানৰ দৰে বিপজ্জনক ঠাই যুদ্ধৰ বাবে বাচি লৈছিলতেওঁ প্ৰতিপক্ষ সেনাৰ গতিবিধি প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি আছিল আৰু বাবৰ সেনা বিশৃংখল হৈ পৰাৰ লগে লগে তেওঁ খেৰাবাদ, কোলে মলিক হ্ৰদ আৰু কাৰাকোলৰ ওচৰত বাবৰ সেনাৰ ওপৰত আক্ৰমণ চলালে। দীঘলীয়া শাৰীত পৰিণত হোৱাৰ কাৰণে বাবৰে নিজৰ সেনাৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই পেলালেফলত খণ্ড যুদ্ধত উবেদুল্যা চুলতানে জয় লাভ কৰিলেযুদ্ধত বাবৰৰ ভালেমান সেনা হতাহত হ'ল। ফলত বাবৰে নিজৰ বাহিনী লৈ বুখাৰা হৈ চমৰকন্দলৈ পিছ হোঁহকি আহিবলৈ বাধ্য হ'ল।

    চমৰকন্দলৈ আহি বাবৰে পুনৰ সেনা সংগঠন কৰিবলৈ ধৰিলে। সেনা সংগঠন কৰি তেওঁ বুখাৰাৰ ফালেদি নগৈ হিচাৰৰ ফালেৰে স্তেপীৰ ফালে আগবাঢ়িবলৈ ধৰিলে। ইতিমধ্যে শ্বাহ ইছমাইলে বাবৰৰ সহায়ৰ কাৰণে ষাঠি হাজাৰ সেনাৰ এক বিশাল বাহিনী প্ৰেৰণ কৰিছিল৷ উক্ত বাহিনী হিচাৰলৈ আহি বাবৰৰ লগত মিলিত হ'ল।

    শ্বাহ ইছমাইলে দেখাত সহায়ৰ বাবে সেনা পঠাইছিল যদিও তেওঁৰ অন্তর্নিহিত উদ্দেশ্য আছিল বেলেগহেতেওঁৰ প্ৰকৃত উদ্দেশ্য আছিল বাবৰক সিংহাসনৰ পৰা আঁতৰাই তেওঁৰ অনুগত ও বিশ্বাসী কোনো শাসকক চমৰকন্দৰ সিংহাসনত বহুৱাটোহে৷ কাৰণ আগৰবাৰ চমকন্দৰ পৰা কিজিলবাসী সেনা অতি সোনকালে পঠিয়াই দিয়াত তেওঁ মনে মনে অসন্তুষ্ট হৈ আছিল। তদুপৰি তেওঁ গুপ্তচৰৰ পৰা জানিব পাৰিছিল যে, বাবৰে সমগ্ৰ মাউৰা উন্নহৰত দখল প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলাই আছে। এইবোৰ কাৰণত শ্বাহ ইছমাইল বাবৰৰ প্ৰতি মনে মনে ক্ষুব্ধ হৈ উঠিছিল আৰু ওপৰে ওপৰে বাবৰৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি চলিলেও তলে তলে মাউৰা উন্নহৰত ইৰাণৰ আধিপত্য বিস্তাৰৰ কাৰণে চেষ্টা চলাই আছিল

    ইৰাণী সেনা নায়ক নজমে চানিৰ লগত হোৱা প্ৰথম সাক্ষাততে বাবৰে শ্বাহ ইছমাইলৰ এই মনোভাৱৰ উমান পাই সতৰ্ক হৈ উঠিল

    বাবৰৰ লগত পৰামৰ্শ নকৰাকৈয়ে নজমে চানিয়ে শৈৱানী খাঁৰ বংশধৰসকলৰ ওপৰত আক্ৰমণ চলালে। নিজ দুৱান নামৰ ঠাইত ইৰাণী সেনা আৰু শৈৱানী খাঁৰ বংশধৰসকলৰ মাজত যুদ্ধ আৰম্ভ হৈ গ'ল। সেই যুদ্ধত ইৰাণী সেনাৰ পৰাজয় নিশ্চিত হৈ পৰিল।

    বাবৰৰ লগত পৰামৰ্শ নকৰাকৈ যুদ্ধত অৱতীৰ্ণ হোৱাৰ ফলত বাবৰে ইৰাণী সেনাৰ লগত সহযোগিতা নকৰি হিচাৰৰ ফালে গুচি আহিল। উক্ত যুদ্ধত অধিকাংশ ইৰাণী সেনা নিহত হ'ল আৰু সেনা নায়ক নজমে চানিও যুদ্ধত পৰিলযুদ্ধত পৰাজিত হৈ পলাই যোৱাৰ সময়তো বহু ইৰাণী সেনা অমূৰদৰিয়া পাৰ হ'বলৈ গৈ পানীত ডুবি মৰিল

    বাবৰ বায়চানৰ মাজেৰে আহি হিচাৰৰ কাৰাতানলৈ আহিলতেওঁ পৰৱৰ্তী আক্ৰমণৰ বাবে সাজু হ'বলৈ কাৰাতানত ছাউনী পাতি ৰৈ থাকিল। কিন্তু এৰাতি এদল বিদ্রোহী সেনাই বাবৰৰ তম্বু আক্ৰমণ কৰিলোই-উৰুমিৰ শব্দত সাৰ পাই উঠি বাবৰৰ দেহৰক্ষীসকল বিদ্ৰোহীসকলৰ ওপৰত জঁপিয়াই পৰিল

    খানজাদা বেগমৰ পুতেক খুৰমৰ বয়স তেতিয়া এঘাৰ বছৰবাবৰৰ শৌর্য- বীৰ্যৰ প্ৰতি খুৰম খুবেই শ্রদ্ধাশীল আছিলমোমায়েকক সি ভালো পাইছিল খুউব। বাবৰেও তাক ভাল পাইছিল। অৱসৰ সময়ত বাবৰে খুৰমৰ লগত হাঁহি-ধেমালি কৰি সময় পাৰ কৰিছিল৷ গতিকে মোমায়েকৰ ওপৰত আক্ৰমণ হোৱা দেখি সি ধৈর্য ধৰি থাকিব নোৱাৰিলেবাবৰক বচাবলৈ সি তীৰ-ধনু লৈ তম্বুৰ বাহিৰলৈ ওলাই আহিলখানজাদা বেগমে খুৰমক বাধা দি ক'লেআৰে আৰে, তুমি ক'লৈ যোৱা? বাহিৰলৈ নাযাবা, বাহিৰত যুদ্ধ চলি আছে

    খুৰমে অধৈর্যভাবে ক'লেমোক বাধা নিদিব। মোক যাবলৈ দিয়ক। মোমাইদেউৰ ওপৰত হামলা হৈ আছে। মই মোমাইদেউক সহায় কৰিব খুজোঁএনেতে দুটা ঘোঁৰালৈ তাহিৰজান সেইখিনি আহি পালেহিসি খানজাদা বেগমক উদ্দেশ্য কৰি ক'লেআপোনালোক সোনকালে ঘোঁৰাৰ পিঠিত উঠি পলাওঁক। এয়া জাহাঁপনাৰ আদেশ

    মহিলাসকল ঘোঁৰাত উঠি কাশিম বেগৰ নেতৃত্বত সুৰিক্ষত ঠাইৰ ফালে আগবাঢ়িল

    বাহিৰত পূর্ণোদ্যমে যুদ্ধ চলি আছিল। যুদ্ধৰ দৃশ্য দেখি খুৰম আতংকিত হৈ উঠিল। মোমায়েকৰ ওপৰত আক্ৰমণ চলোৱা বিদ্ৰোহীসকলৰ বিৰুদ্ধে তীব্র ঘৃণা ও আক্রোশ সঞ্চাৰিত হৈ উঠিল তাৰ হৃদয়ত। মোমায়েকক সহায় কৰাৰ কাৰণে তাৰ হৃদয়ত তীব্র ইচ্ছা জাগি উঠিলএদল সেনা সিহঁতৰ ফালে আগবাঢ়ি অহা দেখি খুৰমে তীৰ-ধনু সাজু কৰি লৈ এটা এটাকৈ তিনিপাত শৰ এৰিলে৷ এনেতে এপাত শৰ আহি খুৰমৰ বুকুত বিদ্ধ হ'ল। তীব্ৰ আৰ্তনাদ কৰি সি ঘোঁৰাৰ পিঠিৰ পৰা বাগৰি পৰিলখুৰমক ঘোঁৰাৰ পিঠিৰ পৰা পৰি যোৱা দেখি খানজাদা বেগমে 'খুৰম' বুলি চিঞৰি জাঁপ মাৰি ঘোঁৰাৰ পিঠিৰ পৰা নামি খুৰমক সাৱটি ধৰিলে৷

    সূর্যোদয়ৰ লগে লগে বিদ্ৰোহীবোৰ পলাই গ'ল। তাহিৰজানে অচেতন অৱস্থাত খুৰমক তম্বুলৈ লৈ আহিল। লগে লগে হেকিমে চিকিৎসা আৰম্ভ কৰিলে; কিন্তু যৎপৰোনাস্তি চেষ্টা কৰিও খুৰমৰ জ্ঞান ঘূৰাই আনিব নোৱাৰিলে। মৃত্যুৰ লগত যুঁজি যুঁজি এটা সময়ত শৈৱানী খাঁৰ বংশধৰ, খানজাদা বেগমৰ কলিজাৰ টুকুৰা খুৰম মৃত্যুৰ কোলাত ঢলি পৰিল

    খুৰমৰ মৃত্যুত বাবৰে মৰ্মান্তিক আঘাত পালে। শৈৱানী খাঁৰ বংশধৰ বুলি প্ৰথমাৱস্থাত তেওঁ খুৰমক ঘিণ কৰিছিল যদিও শেষত তাৰ অমায়িক ব্যৱহাৰত সন্তুষ্ট হৈ তাক ভাল পাবলৈ আৰম্ভ কৰিছিল। খুৰমেও মোমায়েকক শ্রদ্ধা-ভক্তি কৰিছিল। গতিকে খুৰমৰ অকাল বিয়োগত বাবৰ শোকত ভাঙি পৰিল আৰু স্তেপী জয়ৰ আশা ত্যাগ কৰি পুনৰ কাবুললৈ উভতি আহিল৷

    কাবুললৈ আহি বাবৰে পুনৰ কাবুলৰ শাসনভাৰ চম্ভালি ল'লে।শাসনভাৰ চম্ভালিলৈয়ে তেওঁ সেনা সংখ্যা বৃদ্ধিৰ বাবে মনোনিবেশ কৰিলে। সৈন্য সংখ্যা বৃদ্ধি পোৱাৰ পাছত তেওঁ সাম্রাজ্য বিস্তাৰত আত্মনিয়োগ কৰিলে৷ এটাৰ পাছত এটা দেশ জয় কৰি দহ বছৰৰ ভিতৰত তেওঁ এক বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ হৈ পৰিল৷ কুন্দচৰ পৰা কান্দাহাৰ আৰু বক্সাৰৰ পৰা হিন্দুকোশলৈকে তেওঁৰ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰিলে। অৱশেষত তেওঁ হিন্দুস্থান আক্ৰমণৰ বাবেও তৎপৰ হৈ উঠিল

    হিন্দুস্থান আক্ৰমণৰ আয়োজন চলি থাকোঁতে এদিনাখন ৰাতি প্ৰধানা বেগম মাহিম বেগমে বাবৰক ক'লেমোৰ এটা অনুৰোধ ৰাখিব নে, জাহাঁপনা?

    অনুৰোধ! কি অনুৰোধ কৰিব খুজিছে বেগমে! চহৰৰ বাহিৰত নতুন উদ্যান নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিব, নে কোনো মূল্যবান সামগ্রী কিনাৰ বাবে টকা খুজিব!

    বাবৰে নিজকে নিজে প্রশ্ন কেইটা সুধি প্রকাশ্যে ক'লেমোৰ সামৰ্থ্যৰ ভিতৰত হ'লে নিশ্চয় ৰাখিমকওঁক, কি আপোনাৰ অনুৰোধ?

    মাহিম বেগমে কিন্তু ভাবিছে বেলেগ কথাহেবাবৰৰ তিনিজনী বেগম৷ মাহিম বেগম, গুলৰুখ বেগম আৰু দিলদাৰ আলাচা বেগম। বেগম কেইগৰাকীৰ ভিতৰত মাহিম বেগমেই জ্যেষ্ঠা। মাহিম বেগমক হিৰাতত থাকোঁতে বিয়া কৰাইছিল আৰু বাকী দুগৰাকীক বিয়া কৰাইছিল প্ৰথমবাৰ কাবুললৈ অহাৰ পাছত ।

    তিনিগৰাকী বেগমৰ গৰ্ভত মুঠ পাঁচজন সন্তান আছিলচাৰিজন ল'ৰা আৰু এজনী ছোৱালী। মাহিম বেগমৰ গৰ্ভত একমাত্ৰ ল'ৰা সন্তান হুমায়ুন।

    গুলৰুখ বেগমৰ গৰ্ভত দুজন ল'ৰা। মির্জা কামৰাণ আৰু মির্জা আক্সাৰা৷ দিলদাৰ আলাচাৰ গৰ্ভত পুতেক মির্জা হিন্দাল আৰু ছোৱালী গুলবদন (এই গুল বদনেই পৈণত বয়সত হুমায়ুন নামা ৰচনা কৰিছিল)।

    পুতেক কেইজনৰ ভিতৰত হুমায়ুনেই জ্যেষ্ঠ। মাথোন ষোল বছৰ বয়সতে বাবৰে তেওঁক কাবুলৰ পৰা বহু দূৰত অৱস্থিত বদ্‌খচাৰ চুবেদাৰ কৰি পঠাইছিল

    বদ্‌খচা চাৰিওফালে পাহাৰে আগুৰা অতি বিপজ্জনক ঠাই। চোমালী বিদ্রোহীসকলৰ ঘাটি আছিল বদ্‌খচাতে। গতিকে মাহিম বেগমে একমাত্র পুতেকৰ অমংগল আশংকাত দুঃশ্চিন্তা ও উৎকণ্ঠাৰ মাজেৰে সময় অতিবাহিত কৰি আছিল আৰু হুমায়ুনক বদ্‌খচাৰ পৰা ওভতাই আনি নিজৰ ওচৰত ৰখাৰ বাবে ব্যাকুল হৈ উঠিছিল।

    বাবৰৰ পৰা অনুমতি পাই মাহিম বেগমে খন্তেক ভাবি অনুৰোধৰ সুৰত ক'লেআপুনি হুমায়ূনক কাবুললৈ মাতি পঠাওঁক ।

    বাবৰ গম্ভীৰ হৈ উঠিল। মাহিম বেগমলৈ অনুসন্ধিৎসু দৃষ্টিত চাই তেওঁ সুধিলেকিন্তু কি বুলি মাতি পঠিয়াম ? চিৰদিনৰ কাৰণে নে আপোনাৰ লগত দেখা কৰি যোৱাৰ কাৰণে?

    মাহিম বেগমে দুঃশ্চিন্তা প্রকট কৰি আবেগ বিজড়িত কণ্ঠত ক'লেসি দুবছৰ ধৰি চোমালী বিদ্ৰোহীসকলৰ মাজত আছে। তাৰ অমংগল আশংকাত মোৰ চকুৰ টোপনি নোহোৱা হৈছেহুমায়ুনৰ পৰিবৰ্তে আপুনি তালৈ আন কাৰোবাক পঠিয়াব নোৱাৰেনে?

    বাবৰে কিঞ্চিত বিৰক্তি মিশ্ৰিত সুৰত ক'লেকিন্তু পঠাম কাক?

    মির্জা কামৰাণক পঠাওঁক। সি হুমায়ুনতকৈ মাথোন দুবছৰৰহে সৰু। সি নিশ্চয় শাসনভাৰ চম্ভালিব পাৰিব। গুলৰুখ বেগমেও দেখোন মির্জা কামৰাণ ন-জোৱান হৈ উঠা বুলি গৌৰৱ কৰি থাকে৷ গতিকে হুমায়ুনৰ পৰিবৰ্তে কামৰাণক চুবেদাৰ কৰি পঠালে তায়ো নিশ্চয় ভালেই পাব!

    মাহিম বেগমৰ কথা শুনি বাবৰৰ মুখমণ্ডল উদাস ও গম্ভীৰ হৈ উঠিল৷ সন্তান কেইজন ডাঙৰ হৈ উঠাৰ লগে লগে যেন বেগমসকলৰ মাজত বিদ্বেষে গা কৰি উঠিছে। কোনেও কাকো সহ্য কৰিব নোৱাৰা হৈছে। সাধাৰণ কথালৈয়ে যেন বেগম তিনি গৰাকীয়ে পৰস্পৰে পৰস্পৰক হিংসা কৰিবলৈ আৰম্ভ কৰিছে। ফলত পৰস্পৰৰ মাজত মনোমালিন্যৰো সৃষ্টি হৈছে। গতিকে বাবৰে বহুদিন ধৰি অশান্তিত ভূগি আছে। বেগম তিনি গৰাকীৰ মাজত প্ৰকাশ্যে শত্ৰুতাৰ ভাবো কেতিয়াবা কেতিয়াবা প্ৰকট হৈ উঠাও তেওঁ লক্ষ্য কৰি আছে। হুমায়ুনৰ পৰিবৰ্তে কামৰাণক চুবেদাৰ কৰি পঠোৱাৰ মূলতো যে বিদ্বেষৰ বিষবাষ্প প্ৰচ্ছন্ন হৈ আছে এই কথা অনুভৱ কৰিবলৈ বাবৰৰ অসুবিধা নহ'ল। তিনিওগৰাকী বেগমে নিজৰ নিজৰ সন্তানৰ মংগল চিন্তাত ব্যস্ত। ভবিষ্যতৰ কাৰণে এই মনোভাব খুবেই বিপজ্জনক হৈ উঠিব পাৰে। বাবৰৰ ভৱিষ্যত যোজনাৰ ওপৰতো যে এই আপোনপেটীয়া মনোভাবে প্ৰভাৱ পেলাব ই ধূৰূপ। গতিকে বাবৰে মাহিম বেগমৰ প্ৰস্তাৱৰ বিপক্ষে পোনপটীয়াভাবে কোনো মন্তব্য নকৰি মাথোন সান্ত্বনা দিয়াৰ কাৰণে ক'লেবেগম, আপুনি

গুলৰুখ বেগমৰ কথাত কর্ণপাত নকৰিব। বয়সেৰে মানুহৰ জ্ঞানৰ পৰিধি জুখিব নোৱাৰি৷ হুমায়ুনৰ সমবয়সীয়া হ'লেও কামৰাণৰ জ্ঞান এতিয়াও হুমায়ুনৰ দৰে পূৰঠ হৈ উঠা নাইহুমায়ুনৰ দৰে কামৰাণে এই গুৰুদায়িত্ব চম্ভালিবও নোৱাৰিবগুৰুত্বপূৰ্ণ কামত বৰ্তমান মই মাথোন হুমায়ূনকহে নিয়োগ কৰিব পাৰোঁ, কামৰাণক এতিয়াও গুৰুদায়িত্ব দিয়াৰ সময় হোৱা নাই ।

    হুমায়ুনৰ প্ৰশংসা শুনি মাহিম বেগমৰ মনটো কিছু ফৰকাল হ'ল যদিও নিজৰ ভাগ্যক দোষাৰূপ কৰি ক'লেমোৰ ভাগ্যই বেয়া। মোতকৈ গুলৰুখ বেগমেই সুখীতাইৰ দুইজন পুত্র। দুয়োকে নিজৰ লগত ৰাখি নিশ্চিন্ত মনেৰে খাই-বই আমোদ-আহ্লাদ কৰি আছে আৰু মোৰ একমাত্ৰ পুতেক হুমায়ুন; তাকো দূৰদেশত বিদ্ৰোহীসকলৰ মাজত থৈ দুঃশ্চিন্তাত সময় কটাবলগীয়া হৈছোঁ। আজি এবছৰে তাৰ মুখখনকে চাব পৰা নাই। দূৰদেশত থকা বাবে সময়মতে তাৰ খা-খবৰো ল'ব পৰা নাই। ঘোঁৰাত উঠি গ'লেও দুসপ্তাহৰ বাটতদুপৰি তাৰ চাৰিওফালে শৈৱানী খাঁৰ পুতেকহঁতে পোৱালি হেৰুৱা বাঘৰ দৰে গুজৰি-গুমৰি আছে। কেতিয়া কি বিপদ হয় তাৰো একো ঠিক নাই। হুমায়ুনৰ কথা মনত পৰিলে মোৰ বুকুখন হাহাকাৰ কৰি উঠে।

    আপুনি মিছাতেই উদ্বিগ্ন হৈছে, বেগম। তিনি হাজাৰ বচা বচা সেনা আছে হুমায়ুনৰ লগততদুপৰি শৈৱানী খাঁৰ পুতেকহঁতো পৰস্পৰৰ লগত কাজিয়া কৰি বৰ্তমান হীনবল হৈ পৰিছেসিহঁতৰ পৰা বৰ্তমান ভয় কৰিবলগীয়া একো নাই ৷ তথাপি যদি আপোনাৰ হেঁপাহ হৈছে, তিনি চাৰি সপ্তাহৰ ভিতৰতে হুমায়ুনৰ লগত আপুনি সাক্ষাৎ কৰিব পাৰিব

    ক'? মাহিম বেগমে ব্যগ্রভাবে সুধিলেকাবুলত ?

    নহয়, আদিলপুৰত

    মাহিম বেগমে শুনিছিল যে, আদিলপুৰ কাবুলৰ পৰা দক্ষিণ দিশত হিন্দুস্থানৰ ওচৰত অৱস্থিত। বাবৰে বৰ্তমান আদিলপুৰৰ ফালে সেনা পঠাই থকাৰ কথাও তাই আহুকাণে-পহুকাণে শুনি আছে। হিন্দুস্থান অভিযানৰ উদ্দেশ্যেই যে এই সেনা সমাবেশ এই বিষয়ে বাবৰে একো নক'লেও লোকমুখে শুনি শুনিয়ে তাই কথাটো উপলব্দি কৰিব পাৰিছে।

    সেয়েহে মাহিমে বিচলিত কণ্ঠত ক'লেআদিলপুৰত! তাৰমানে আপুনি হুমায়ুনকো হিন্দুস্থানলৈ লৈ যাব খুজিছে নেকি ?

    বাবৰে হিন্দুস্থান অভিযানৰ প্ৰস্তুতি অতি গোপনে চলাই আছিল আৰু ভাবী অভিযানৰ কথা গোপনেই ৰাখিব খুজিছিল। গতিকে তেওঁ মাহিম বেগমৰ মুখত হিন্দুস্থান অভিযানৰ কথা শুনি সচকিত হৈ উঠিল আৰু ওচৰে-পাঁজৰে কোনোবা আছে নেকি তাৰ সন্ধান ল'বলৈ তেওঁ কাণ পোণালে।

    জুয়ে পোৰা গৰুৱে ৰঙা মেঘ দেখিলেও উৎকণ্ঠিত হৈ উঠে। বাবৰো বৰ্তমান হিন্দুস্থান আক্রমণ সম্পৰ্কত তেনেকুৱাই উৎকণ্ঠিত। জীৱনত তেওঁ বহু তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছেগতিকে তেওঁ হিন্দুস্থান অভিযানৰ আয়োজন অতি গোপনে কৰি আছেসদ্যহতে তেওঁ মাউৰা উন্নহৰ বিজয়ৰ আশা ত্যাগ কৰিছে। বৰ্তমান তেওঁৰ একমাত্র লক্ষ্য হিন্দুস্থানযোৱা দহ বছৰত তেওঁ বহুবাৰ হিন্দুস্থানলৈ গুপ্তচৰ পঠাইছেভাৰতৰ শুভ কামনা কৰা বহুলোকে বর্তমান তেওঁৰ লগত এই সম্পর্কে যোগাযোগো কৰি আছে। বৰ্তমান তেওঁৰো বহু শুভচিন্তক আছে ভাৰতততেওঁলোকৰ মাজত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই আছেহিন্দুস্থানৰ পৰা মুছলমান শাসক আৰু হিন্দু ৰজাৰ দূত ইতিমধ্যে ছয়বাৰ কাবুললৈ আহি গৈছে। তেওঁলোক দিল্লীৰ চুলতান ইব্রাহীম লোডীৰ ওপৰত অসন্তুষ্ট। তেওঁলোকৰ মতে ইব্রাহীম লোডী এজন অদূৰদৰ্শী স্বেচ্ছাচাৰী শাসক৷ লোডীৰ শোষণ শাসনত জনসাধাৰণ সৰ্বস্বান্তদেশৰ উন্নতিৰ বাবে ইব্রাহীম লোডীৰ কোনো যোজনাই নাই বর্তমান। গৃহযুদ্ধ সদায় লাগিয়ে আছে ইখনৰ পাছত সিখনকৈ। গৃহযুদ্ধৰ ফলত দেশৰ শান্তি বিঘ্নিত। দেশ টুকুৰা-টুকুৰ-বিধ্বস্তবর্তমান দেশখনক সুসংহত আৰু পুনর্গঠিত কৰি শান্তি স্থাপনৰ বাবে এক সুসংগঠিত শক্তিৰ আৱশ্যক। তেওঁলোকৰ ধাৰণা, একমাত্র মির্জা জহিৰুদ্দিন বাবৰেই সেই শক্তিৰ অধিকাৰী ।

    মাহিম বেগমৰ উৎকণ্ঠা দেখি বাবৰে তাইৰ ওচৰত থূলমূলকৈ যোজনাৰ কথা ভাঙি-পাতি কলেবেগম, মোৰ ওপৰত বিশ্বাস ৰাখক। মই তালৈ নিজ ইচ্ছাত যাব খোজা নাইহিন্দুস্থানৰ মানুহৰ আমন্ত্ৰণ ক্ৰমেহে তালৈ যাবলৈ ওলাইছোঁতদুপৰি মই তালৈ লুটপাতৰ কাৰণেও যাব খোজা নাইমই যাব খুজিছোঁ এক শক্তিশালী সাম্রাজ্য স্থাপনৰ বাবেহে। মোক হিন্দুস্থান আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে পঞ্জাৱৰ শাসক দৌলত খাঁই তেওঁৰ পুতেক দেলোৱাৰ খাঁক মোৰ ওচৰলৈ পঠাইছিলহিন্দু ৰজা সংগ্ৰাম সিঙেও মোৰ সাহায্য বিচাৰি দূত পঠাইছিলগতিকে আমি হিন্দুস্থানৰ জনসাধাৰণক অন্যায়-অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ আটায়ে একগোট হৈ ইব্রাহীম লোডীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সিদ্ধান্ত লৈছোঁ। গতিকে এই অভিযানক লৈ ভয়ৰ কোনো কাৰণ নাই

    মাহিম বেগমে বাবৰৰ কথাবোৰ মনোযোগেৰে শুনি সংশয় প্রকাশ কৰি ক'লেযুদ্ধজয় আৰু পাপৰ জৰিয়তে অৰ্জন কৰা ফলাফলৰ মাজত সদায় গভীৰ খাদ থাকে। সেই খাদৰ অতল তলী, তাত কোনো নিশ্চয়তা নাই। আছে মাথোন অনিশ্চয়তাৰে ভৰা মৃত্যুৰ বিভীষিকা ।

    বাবৰে দৃঢ় কণ্ঠত ক'লেআমি সততাৰে নিশ্চয় সেই খাদ পাৰ হৈ মৃত্যুৰ বিভীষিকা অতিক্ৰম কৰিবলৈ সক্ষম হ'কাৰণ আমাৰ লগত থাকিব নিপীড়িত জনসাধাৰণৰ শুভাশীষ।

    কিমান এতিম (ঘাত-মাউৰা) আৰু বিধবাৰ চকুলো বৈ যাব, কিমান পুত্ৰহাৰা মাতৃৰ হা-হুমুনিয়াই বতাহ বিষাক্ত কৰি তুলিব তাক এবাৰ ভাবি চাইছেনে, জাহাঁপনা ?   গৃহযুদ্ধৰ ফলত এতিয়াওতো হিন্দুস্থানত বহু মানুহ মৰি আছে। বহু মানুহ যুদ্ধৰ বিভীষিকাৰ পৰা পলাই সাৰিবলৈ সহায়ৰ বাবে আমাৰ ইয়ালৈও আহি আছেঅত্যাচাৰত জৰ্জৰিত হৈ ইব্রাহীম লোডীৰ অধীনত কাম কৰা হিন্দুবেগ হিন্দুস্থানৰ পৰা পলাই আহি পাঁচ বছৰ ধৰি আমাৰ ইয়াত চাকৰি কৰি আছে। গতিকে আমি সেই নিপীড়িতসকলৰ সহায়ৰ বাবে হিন্দুস্থানলৈ গৈ আছোঁ বুলি আপুনি ভাবি নলয় কিয়, বেগম ?

    জাহাঁপনা, আপুনি মোৰ এটা প্ৰাৰ্থনা ৰাখক। আপুনি হুমায়ুনক কাবুলত থৈ হিন্দুস্থানলৈ যাওঁকগৈআপোনাৰ অনুপস্থিতিত সিয়ে কাবুলৰ শাসনভাৰ চম্ভালিব পাৰিব৷

    আপুনি নিজে শাসন কার্য চলাব খোজে নেকি, বেগম?

    ম‍ই! মইতো তিৰোতা মানুহ। এই ক্ষেত্ৰত এগৰাকী পত্নীতকৈ এজন পুত্ৰৰ দাবী বহু বেছি। হুমায়ুন আপোনাৰ লগত গ'লেও মির্জা কামৰাণ আৰু মিৰ্জা আক্সৰীতো ইয়াতেই থাকিবআইনতঃ শাসন কার্য চলোৱাৰ বাবে মোতকৈ সিহঁতেই বেছি যোগ্য বুলি বিবেচিত হ'ব।

    মাহিম বেগমৰ কথা শুনি বাবৰে ততাতৈয়াকৈ এটা সিদ্ধান্ত ল'লে। সিদ্ধান্ত মৰ্মেই তেওঁ ক'লেআপুনি যাতে নির্বিঘ্নে শাসনকার্য চলাব পাৰে তাৰ ব্যৱস্থাও মই কৰি যাম। মির্জা কামৰাণক ম‍ই কান্দাহাৰৰ শাসনকর্তা নিয়োজিত কৰি যাম আৰু মির্জা আক্সাৰীক মোৰ লগত লৈ যাম। আপোনাৰ সহায়ৰ কাৰণে কাশিম বেগক কাবুলত থৈ যামহিএতিয়া হ'বনে, বেগম ?

    আপোনাৰ সিদ্ধান্তত মই সঁচাকৈয়ে অভিভূত। মোৰ অনুমান হৈছে, আপোনাৰ সিদ্ধান্তৰ কথা শুনি মই যেন আকাশৰ সীমা স্পৰ্শ কৰিছোঁকিন্তু জাহাপনা, ম‍ই শাসন কার্য চলাবৰ বাবে মুঠেই লালায়িত নহওঁ।

    যিজনে শাসন কার্য চলোৱাৰ বাবে লালায়িত নহয়, আচলতে তেওঁকেই শাসনকার্য চলাবলৈ দিয়া উচিত, বেগম। আপুনি মির্জা হিন্দালৰ নামত মাথোন হুকুম জাৰী কৰিব আৰু কাশিম বেগে সকলো চোৱা-চিতা কৰিবতেতিয়া সকলো আইনসংগত ভাবেই চলি থাকিব।

    মির্জা হিন্দাল দিলদাৰ আলাচাৰ গৰ্ভজাত যদিও তাক লালন-পালন কৰে মাহিম বেগমেই। হিন্দালো মাহিম বেগমৰ বৰ ভক্ত। জন্মধাত্রী মাতৃতকৈ মাহিম বেগমৰ প্ৰতিয়ে সি বেছি অনুৰুক্ত। মাহিম বেগমকে সি মা বুলি জানে৷ গতিকে বাবৰে হিন্দালৰ কথা কৈ মাহিম বেগমক অপ্ৰস্তুত কৰিব খুজিলে। কিন্তু মাহিম বেগমে বাবৰৰ কথাত বিশেষ কর্ণপাত নকৰি নিজৰ মতত অটল হৈ ক'লেহুমায়ুন কাবুলত থাকিলে কিনো ক্ষতি হ'?

    শাহী খানদানৰ পুৰণি পৰম্পৰা অনুসৰি বাদচাহ যুদ্ধত নিহত হ'লে তেওঁৰ উত্তাৰাধিকাৰীয়ে সেনাবাহিনীৰ দায়িত্ব লোৱা নিয়মনহ'লে বেগসকলে সিংহাসনৰ বেলেগ বেলেগ সাম্ভাব্য উত্তাৰাধিকাৰীৰ পক্ষ লৈ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰেবাবৰে কথাটো অধিক স্পষ্ট কৰিবলৈ ক'লেযুদ্ধ মানে অনিশ্চয়তাৰ খেলযদি দুর্ভাগ্যবশতঃ মোৰ মৃত্যু হয় তেনেহ'লে জ্যেষ্ঠ হিচাপে হুমায়ুনেই মোৰ ঠাই ল'ব লাগিব। সেই কাৰণে মই হুমায়ুনক লগত লৈ যাব খুজিছোঁ।

    মাহিম বেগমে বাবৰৰ উদ্দেশ্য উপলব্ধি কৰিব পাৰিলে আৰু উপলব্ধি কৰিব পৰাৰ কাৰণেই বিষয়টো তাইৰ বাবে অধিক উদ্বেগ ও পীড়াদায়ক হৈ উঠিল। তাইৰ মনত হিন্দুস্থান এনে এখন দেশৰ দৰে অনুমান হ'বলৈ ধৰিলে, লৈ গ'লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। বিষাদ-বেদনাত তাইৰ চকুপানী ওলাই আহিলতাই হঠাৎ কৈ উঠিলইয়া আল্লাহ পৃথিবীখন কেনে নির্দয়!

    বাবৰে কোনো মন্তব্য নকৰি মনে মনে থাকিল তেওঁৰ মানসপটত ভাহি উঠিলনদী-নলা, পৰ্বত-পাহাৰে ভৰা, সাগৰে নিতে চৰণ পখলাই থকা হিন্দুস্থানৰ আনিন্দ্যসুন্দৰ প্ৰতিচ্ছবি।

    বাবৰে সেনাবাহিনীলৈ হিন্দুস্থান অভিমুখে যাত্ৰা কৰাৰ কেবাদিনো পাৰ হৈ গৈছেতেওঁলোকে আহি আহি খাইবাৰ গিৰিপথ অতিক্ৰম কৰি হিন্দুস্থানৰ সীমান্তত পদার্পণ কৰিলে৷

            চাৰিওফালে দিগন্ত বিস্তৃত গভীৰ-ঘন অৰণ্য। অৰণ্যৰ মাজেৰে লুংলুঙীয়া বাট। কোনো কোনো ঠাইত বাটৰ কোনো চিন-মোকাম নাইসেইবোৰ ঠাই তেওঁলোকে হাবি কাটি বাট উলিয়াই আগবাঢ়িব লগা হ'যিমানে আগবাঢ়িবলৈ ধৰিলে হাবি-বননি সিমানে যেন অধিক ঘন হৈ আহিবলৈ ধৰিলে

            গভীৰ অৰণ্যৰ মাজে মাজে সিঁচৰতি হৈ আছিল ওখ ওখ বৰ গছ। বৰ গছৰ শিপা মাটিৰ ওপৰলৈকে ওলাই আছিল৷ গা-গছ আৰু শাখা-প্রশাখাৰ পৰা ওলোৱা শিপা মাটিলৈকে বিয়পি পৰাত প্ৰতিজোপা গছেই এক বিস্তীর্ণ এলেকা আগুৰি আছিল। গা-গছত মেৰিয়াই আছিল অজস্ৰ কাঁইটীয়া লতা। লতাবোৰ এজোপা গছৰ পৰা আন এজোপা গছলৈ বগাই গৈ এক অভেদ্য প্ৰাচীৰৰ দৰে সৃষ্টি কৰিছিলঘাঁহ-বনৰ কাৰণে ভৰিৰ তলৰ মাটি পর্যন্ত দেখাৰো উপায় নাছিল৷

    বতাহ আছিল আৰ্দ্ৰ আৰু সেমেকাআটাইৰে উশাহ-নিশাহ লোৱাত অসুবিধা হৈ আছিল। কষ্টদায়ক উশাহ-নিশাহৰ ফলত আটাইৰে মূৰ ঘূৰাবলৈ ধৰিলে এটা সময়তফলত আটায়ে শ্রান্ত-ক্লান্ত হৈ পৰিল ।

    বাবৰে ৰেচমৰ পাতল চোলা পিন্ধি আছিল। কষ্টকৰ পথশ্ৰম আৰু প্ৰচণ্ড গৰমৰ ফলত তেওঁ ঘামত তিতি-বুৰি উঠিল। অসহ্য ক্লান্তিত তেওঁ বতাহৰ অৱস্থিতি জানিবলৈ এজোপা ওখ গছৰ শিখৰলৈ চাই পঠিয়ালে। গছজোপা হালি-জালি থকা তেওঁৰ দৃষ্টিগোচৰ হ'ল। অৰ্থাৎ গছজোপাৰ ওপৰেদি বতাহ বলি আছিলঅথচ উশাহ-নিশাহৰ ভাবে প্রয়োজনীয় ন্যূনতম বায়ুখিনিও গছৰ ডাল-পাতৰ প্ৰাচীৰ ভেদ কৰি তললৈ বৈ আহিব পৰা নাছিল! কথাষাৰ ভাবোঁতেই বাবৰৰ মূৰ আচন্দ্ৰাই কৰি উঠিল৷

    ক'ৰবাত হঠাৎ বান্দৰ এটা চিঞৰি উঠিল৷ সময় আগবঢ়াৰ লগে লগে নানাবিধ বন্য জীৱ-জন্তু, চৰাই-চিৰিকতিৰ কোলাহলমুখৰ শব্দ বাঢ়ি আহিবলৈ ধৰিলে৷ মাজে সময়েই ভাহি আহিবলৈ ধৰিলে ময়ূৰৰ শ্ৰৱণকটু কোলাহলমুখৰ শব্দ। চৌদিশে যেন বিৰাজ কৰি আছিল এক ভয়ংকৰ ভয়াল পৰিবেশ৷

    লতা-পাতৰ প্ৰাচীৰ ভেদ কৰি উট এটা পাৰ কৰি লৈ গৈ থকা অৱস্থাত সৈনিক এজন হঠাৎ চিঞৰি উঠিল৷ ভয়ার্ত আর্ত চিঞৰ। তাৰ ওচৰত থকা সৈনিকজনে ব্যগ্রভাবে চিঞৰৰ কাৰণ সুধিলেকি হ'? তেনেকৈ চিঞৰিছা কিয় ?

    সৈনিকজনে আতংকিত কণ্ঠত ক'লেসাপ! মোক সাপে খুঁটিছে।

    সাপৰ কথা শুনি ওচৰতে থকা সৈনিকজনে সকলোকে সাৱধান কৰি দিলেভাইহঁত সাপ, সাৱধান৷ এইদৰে সাৱধান কৰি দিয়ে সি জাঁপ মাৰি সাপে কামোৰা সৈনিকজনৰ ওচৰলৈ আহি সুধিলেকোনখিনিত খুঁটিছে?

    সাপে খুঁটা সৈনিকজনে সর্পদংশিত ঠাইডোখৰ দেখুৱাই ক'লেএয়া এইখিনিত

    সাপে সোঁ ভৰিৰ কলাফুলত কামুৰিছিলকামোৰা ঠাইডোখৰৰ পৰা তেজ ওলাই আছিলবিষ যাতে উজাব নোৱাৰে তাৰবাবে সৈনিকজনে সৰ্পদংশিত ঠাইৰ কিছু ওপৰত এডাল ৰচীৰে মেৰিয়াই টানকৈ বান্ধি দিলে। ইতিমধ্যে ওচৰে-পাঁজৰে থকা আন কেইজনমান সৈনিকো সেইখিনি আহি পালেতোপবাহী এখন গাড়ীত তুলি সর্পদংশিত সৈনিকজনক অপেক্ষাকৃত মুকলি ঠাই এডোখৰলৈ অনা হ'

    মানুহ, হাতী, ঘোঁৰা, উট প্ৰত্যেকৰ বাবে ঘন কাঁইটীয়া লতা-পাতৰ মাজেৰে খোজকঢ়াটো কষ্টকৰ হৈ আছিলতাৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি ঠাই বিশেষে মাটিও বোকাময় আছিল। গধুৰ তোপবাহী গাড়ীৰ চকাবোৰ ঠায়ে ঠায়ে বোকাৰ মাজত সোমাই পৰিবলৈ ধৰিলে। সেইবোৰ বোকাৰ পৰা টানি তুলিবলৈ গৈ সৈনিকবোৰ শ্ৰান্ত ক্লান্ত হৈ পৰিলফলত যাত্রাপথ বিৰক্তিজনকভাবে দীঘলীয়া হ'বলৈ ধৰিলে।

    এবাৰ এঠাইত এখন গাড়ীৰ চকা গভীৰভাবে বোকাত পোত গ'সৈনিকবোৰে যৎপৰনাস্তি চেষ্টা কৰিও গাড়ীৰ চকা বোকাৰ পৰা টানি তুলিবলৈ ব্যৰ্থ হ'ল।

    বোকাৰে লুতুৰি-পুতুৰি হৈ আলীকুলী নামৰ চৰ্দাৰ এজনে বাবৰৰ ওচৰলৈ আহি ক'লেজাহাঁপনা, এই ঘন অৰণ্যৰ মাজেৰে তোপবাহী গাড়ীলৈ যোৱাটো আমাৰ সাধ্যৰ বাহিৰত। চাৰিওফালে মাথোন বোকাৰে ভৰাআটাইকেইখন গাড়ী বোকাৰ বাবে অচল হৈ পৰিছেএখন গাড়ীৰ চকাতো বেয়াকৈয়ে বোকাত পোত গৈছে। বহুপৰ চেষ্টা কৰিও বোকাৰ পৰা চকা টানি তুলিব পৰা নাই। মানুহবোৰ শ্ৰান্ত ক্লান্ত হৈ পৰিছে।

    বাবৰে তেওঁৰ পিচে পিচে আহি থকা তাহিৰ বেগলৈ ঘূৰি চাই ক'লেতাহিৰ বেগ চাহাব,  আপুনি যাওঁকপথ প্ৰদৰ্শকজনক ইয়ালৈ মাতি লৈ আহকগৈ৷

    পথ প্রদর্শকজন হিন্দুস্থানৰ মানুহ। নাম লালচান্দ । সি সকলোৰে আগে আগে হাতীত উঠি গৈ আছিল। তাহিৰ বেগে আগবাঢ়ি আহি লালচান্দক উদ্দেশ্য কৰি ক'লেলালচান্দ চাহাব, জাহাঁপনাই আপোনাক মাতিছে।

    বাবৰে মাতা বুলি শুনি লালচান্দে তৎক্ষণাৎ হাতীৰ পিঠিত উঠিয়ে বাবৰৰ ওচৰলৈ আহিল৷

    হাতী দেখি বাবৰৰ ঘোঁৰাটো ভয়ত চিঁ হিঁ হিঁ বুলি চিঞৰি ছট্‌ফটাবলৈ ধৰিলে ৷ লালচান্দে বিশালকায় হাতীটো বাবৰৰ পৰা কিছু নিলগত ৰখাই হাতীৰ কাণৰ গুৰিলৈ মুখ নি ফুচফুচাই কিবা ক'লে। হাতীটোৱে শুঁৰডাল দাঙিলে। লালচান্দে শুঁৰডাল বগাই হাতীৰ পিঠিৰ পৰা নামি বাবৰৰ ওচৰলৈ আহি হাতযোৰ কৰি মূৰদোঁৱাই অভিবাদন জনালে

    লালচান্দে ফাৰ্চী ভাষা জানিছিল। সেয়ে বাবৰে লালচান্দলৈ উদ্দেশ্য কৰি ফাৰ্চী ভাষাতে কলেলালচান্দ চাহাব, বাট বৰ বেয়া। মানুহ চলাচলৰ বাবে একেবাৰে অনুপযুক্ত। আপুনি বেলেগ বাটৰ সন্ধান কৰক

    লালচান্দে বিনম্রভাবে ক'লেজাহাঁপনা, আমি এতিয়া পঞ্জাৱ আহি পাইছোঁহি। পঞ্জাৱ পঞ্চ নদীৰ দেশ। নদীসমূহত বৰ্তমান বান আহিছে। দুকুল ওপচাই পানী খেতি পথাৰত সোমাই পৰিছে। ৰাস্তা-ঘাট, খেতি-পথাৰ বৰ্তমান পানীৰ তলত ডুব গৈ আছে। গতিকে অসুবিধা হ'লেও আমি এনেকৈয়ে আগবাঢ়িব লাগিব, জাহাঁপনা

    আমি জনামতে পঞ্জাৱত ৰাস্তা-ঘাটৰ অভাৱ নাইবাৰিষা কালি চলাচলৰ বাবে উপযুক্ত ওখ ওখ ৰাস্তা-ঘাটো অলেখ আছে বুলি আমি শুনিছোঁ। গাড়ীলৈ যোৱাৰ কাৰণেও হেনো বহু ভাল ভাল ৰাস্তা আছে। আমাৰ গাড়ীবোৰ বোকাৰ কাৰণে আগবাঢ়িব পৰা নাই। চকাবোৰ মাটিত সোমাই পৰিছে। বাবৰে সন্দেহ প্ৰকাশ কৰি ক'লেআমি ভুল বাটেৰেই আহিলোঁ নেকি ?

    নাই নাই জাহাঁপনা, আমি সঠিক বাটেৰেই আহিছোঁ। গাড়ীৰ চকা কোন ঠাইত পোত গৈছে। মোক আদেশ দিয়ক, মোৰ হাতীয়ে সেইবোৰ বোকাৰ পৰা টানি উলিয়াই দিবআমি এতিয়া দ্রুত আগবাঢ়া উচিত। ৰৈ থাকিলে আমাৰ অসুবিধা বেছিহে হ'ব।

    বাৰু, আপুনি হাতীলৈ গৈ গাড়ীবোৰ বোকাৰ পৰা উলিয়াই দিয়কগৈ। বাবৰে লালচান্দক অনুমতি দিলে।

    আলীকুলী ওচৰতে ৰৈ আছিল। সি বাবৰলৈ উদ্দেশ্য কৰি মূৰদোঁৱাই লালচান্দৰ ফালে চাই ক'লেবাৰু, লক আপোনাৰ হাতীলৈ

    লালচান্দৰ গাত মাংসৰ লেশমানো নাই। চর্মসাৰ গা। তাৰ শৰীৰ দেখাত এটা জঁকাৰ দৰে ৷ আলীকুলীৰ আহ্বানক্রমে সি আলীকুলীৰ পিচে পিচে হাতীলৈ যাবলৈ ধৰিলে।

    গন্তব্যস্থান পাই বোকাৰ পৰা গাড়ীবোৰৰ চকা টানি তুলিবলৈ লালচান্দে হাতীটোক নির্দেশ দিলে। ইংগিত পাই হাতীটোৱে গাড়ীবোৰৰ চকা বোকাৰ পৰা অনায়াসে টানি তুলিলেহাতীৰ বিক্ৰম দেখি উপস্থিত সেনাবোৰ অবাক হৈ পৰিল

    সাপে দংশন কৰা সৈনিকজন এখন গাড়ীৰ ওপৰত শুই যন্ত্ৰণাত কেঁকাই আছিলতাৰ মুখমণ্ডল শেঁতা পৰি গৈছিল। বিষক্রিয়া নষ্ট কৰাৰ কাৰণে সাপে খুঁটা ক্ষতস্থানত লতা-পাত থেতেলি লগাই দিয়া হৈছিল। কিন্তু ঔষধৰ ক্ৰিয়াতকৈ বিষৰ ক্ৰিয়া প্ৰৱল হোৱা হেতুকে সৈনিকজনৰ জীয়াই থকাৰ আশা ক্ষীণৰ পৰা ক্ষীণতৰ হৈ আহি আছিল৷ গাৰ বৰণ নীলা পৰি গৈছিলএজন সৈনিকে তাৰ মূৰ শিতানত বহি বিচনীৰে বিচি আছিল

    গাড়ী পুনৰ আগবাঢ়িবলৈ ধৰিলে। আবেলি তেওঁলোক আহি ৰাবী নদীৰ পাৰ পালেহিএশজন সৈনিক লৈ হিন্দুবেগ আহি ৰাবী নদীৰ পাৰত বাবৰৰ লগত মিলিত হ'ল।

    হিন্দুবেগ দিল্লীৰ এজন প্ৰতিষ্ঠিত নাগৰিকতেওঁ বৰ্তমান বাবৰৰ দৰবাৰৰ এজন সভাসদ। সাত বছৰ আগত তেওঁ ইব্রাহীম লোডীৰ সভাসদ আছিলকিন্তু তেওঁ ইব্রাহীম লোডীৰ মইমতালি আৰু স্বেচ্ছাচাৰিতা ভালপোৱা নাছিল৷ গতিকে ইব্রাহীম লোডীৰ লগত তেওঁৰ মনোমালিন্য হয় আৰু ইব্রাহীম লোডীৰ ৰোষৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ কাবুললৈ পলাই গৈ বাবৰৰ ওচৰত আশ্ৰয় লয়

    হিন্দুবেগ সুশিক্ষিত আৰু বুদ্ধিমান। তুর্কী আৰু ফাৰ্চী ভাষাত তেওঁৰ যথেষ্ট বুৎপত্তি আছিল। বাবৰে গুণীৰ মোল বুজি পাইছিলপ্রথম সাক্ষাততে তেওঁ হিন্দুবেগৰ বুদ্ধিমত্তাৰ পৰিচয় পাই নিজৰ দৰবাৰৰ এজন কৰ্মচাৰী হিচাপে নিয়োগ কৰিছিলহিন্দুবেগেও নিজৰ বুদ্ধিমত্তা আৰু কাৰ্যদক্ষতাৰ বলত অলপ দিনৰ ভিতৰতে বাবৰৰ প্রিয়ভাজন হৈ উঠিছে

    ইব্রাহীম লোডী আছিল এজন স্বেচ্ছাচাৰী ও নিষ্ঠুৰ শাসক। তেওঁৰ অন্যায়- অত্যাচাৰ আৰু শাসন শোষণত ভাৰতৰ জনসাধাৰণ অতিষ্ঠ হৈ উঠিছিল। ভাৰতৰ পৰা ইব্রাহীম লোডীৰ শাসন ওফৰাই পেলাই শোষণমুক্ত সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাই আছিল হিন্দুবেগৰ প্ৰধান লক্ষ্য। বাবৰৰ দৰবাৰত কৰ্মচাৰী হিচাপে নিয়োগ হৈয়ে তেওঁ বাবৰৰ লগত এই বিষয়ে আলোচনা আৰম্ভ কৰে আৰু ভাৰত আক্ৰমণ কৰিবলৈ বাবৰক উৎসাহিত কৰিবলৈ ধৰে৷

    বাবৰে আগৰে পৰাই ভাৰতৰ প্ৰতি এক বিশেষ আকর্ষণ অনুভৱ কৰিছিলহিন্দুবেগৰ পৰা উৎসাহ পাই তেওঁৰ সেই আকর্ষণ বহুগুণে বৃদ্ধি পায় আৰু তেওঁ ভাৰত আক্ৰমণৰ বাবে ইতিবাচক সহাঁৰি জনায়। বাবৰৰ পৰা ইতিবাচক সঁহাৰি পাই ইব্রাহীম লোডীৰ প্ৰতি অসন্তুষ্ট ভাৰতীয় ৰাজন্যবর্গ, শাসক আৰু বিশিষ্ট নাগৰিকসকলৰ লগত হিন্দুবেগে বাবৰৰ ভাৰত আক্ৰমণ সম্পৰ্কে আলোচনা আৰম্ভ কৰে।

    হিন্দুবেগ বিনাযুদ্ধে ভাৰত দখল কৰাৰ পক্ষপাতী আছিল। তেওঁৰ বুদ্ধিমত্তাৰ ফলতেই বাবৰে যোৱা বছৰ ঝীলাম নৈৰ পাৰত অৱস্থিত ভীৰা চহৰ দখল কৰিবলৈ সক্ষম হৈছিলফলত হিন্দুবেগৰ প্ৰতি বাবৰৰ আস্থা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু ইব্রাহীম লোডীৰ প্রতি অসন্তুষ্ট শাসক আৰু নাগৰিকসকলৰ লগত আলোচনাৰ সুবিধাৰ কাৰণে বাবৰে তেওঁক ভীৰা চহৰৰ চুবেদাৰ নিযুক্ত কৰি থৈ গৈছিল। কিছুদিন আগত পঞ্জাৱৰ শাসনকর্তা দৌলত খাঁৰ পুতেক দিলোৱাৰ খাঁ হিন্দুবেগৰ নিৰ্দেশ মৰ্মেই বাবৰৰ লগত সাক্ষাৎ কৰিবলৈ কাবুললৈ গৈছিলদিলোৱাৰ খাঁৰ লগত আলোচনা কৰি সহমতত উপনীত হৈয়ে যোৱাবাৰৰ দৰে এইবাৰো বাবৰে বিনাযুদ্ধে লাহোৰ অধিকাৰ কৰাৰ উদ্দেশ্যে হিন্দুবেগক লাহোৰৰ শাসক দৌলত খাঁৰ লগত আলাপ-আলোচনা কৰিবলৈ নিৰ্দেশ দি পঠাইছিল। হিন্দুবেগে বাবৰৰ নিৰ্দেশ মৰ্মেই দৌলত খাঁৰ লগত এই বিষয়ে আলোচনা চলাই ভালেখিনি ইতিবাচক অগ্রগতি লাভ কৰিয়ে বাবৰক মাতি পঠাইছেহিন্দুবেগৰ আহ্বানমৰ্মেই বাবৰৰ বর্তমান এই অভিযান

    হিন্দুবেগ বাবৰৰ ওচৰলৈ আহিয়ে অভিবাদন জনাই কোনো ধৰণৰ ভূমিকা নকৰাকৈ পোনপটীয়াভাবে ক'লেজাহাঁপনা, দৌলত খাঁৰ অভিপ্ৰায় ভাল নহয়, তেওঁ মোক হত্যা কৰিব খুজিছিল। কোনোমতেহে মই প্ৰাণলৈ পলাই আহিছোঁ৷

    বাবৰে প্ৰথমতে হিন্দুবেগৰ কথাৰ অৰ্থ উপলব্ধি কৰিব পৰা নাছিল যদিও হিন্দুবেগৰ বিপৰ্যন্ত বিধ্বস্ত চেহেৰা আৰু উৎকণ্ঠা দেখি কথাটো উপলব্ধি কৰাত তেওঁৰ অসুবিধা নহ'তেওঁ উৎকণ্ঠিতভাবে ক'লেকি কলে? দৌলত খাঁই...... উত্তেজনা উৎকণ্ঠাত বাবৰে বাক্যটো আধৰুৱাকৈ এৰিলে

    হয় জাহাঁপনা, দৌলত খাঁই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। হিন্দুবেগে বিপর্যন্ত স্খলিত কণ্ঠত কলে।

    তেওঁৰ মনোভাৱ হঠাৎ পৰিবৰ্তনৰ কাৰণ কি? হিন্দুবেগৰ কথাত বাবৰৰ খং উঠিছিল যদিও তেওঁ কোনোমতে নিজক সংযত কৰি শান্ত সুৰত ক'বলৈ যত্ন কৰি ক'লেদৌলত খাঁই কেইমাহমান আগতে তেওঁৰ পুতেক দিলোৱাৰ খাঁক আমাৰ ওচৰলৈ পঠাইছিল। আমি দিলোৱাৰ খাঁৰ লগত আলোচনা কৰিয়ে সকলো সিদ্ধান্ত লৈছোঁ৷ আমাৰ সিদ্ধান্তত সিয়ো সহমত প্ৰকাশ কৰি আহিছে আৰু আপুনিও দৌলত খাঁৰ লগত আলোচনাত অগ্রগতি লাভ কৰিছে বুলি জনাই আমালৈ পত্ৰ প্ৰেৰণ কৰিছিলদৌলত খাঁ এজন প্রবীণ ব্যক্তি। বয়োজ্যেষ্ঠ হিচাপে মই তেওঁৰ প্রতি যথেষ্ট সন্মানো প্ৰদৰ্শন কৰি আহিছোঁ। এনেস্থলত এই হঠকাৰিতাৰ কাৰণ কি?

    কিছুদিন আগলৈকো সকলো ঠিকেই আছিল। কিন্তু এতিয়া দৌলত খাঁই সেইবোৰ কথা পাহৰি গৈছেবৰ্তমান তেওঁ কঁকালত দুখন তৰোৱাল ওলোমাই লৈ ফুৰিছে। তেওঁৰ এই আচৰণৰ উদ্দেশ্যও তেওঁ মোক বুজাই কৈছেতৰোৱাল দুখনৰ এখন হেনো আপোনাৰ বাবে আৰু আনখন ইব্রাহীম লোডীৰ বাবে। সময় সুযোগ পালেই তেওঁ দুয়োখন তৰোৱালৰ সদব্যৱহাৰ কৰিবলৈ বদ্ধপৰিকৰ৷

    দিলোৱাৰ খাঁয়ো আমাৰ লগত শত্ৰুতা কৰিব নেকি?

    নাই নাই, দিলোৱাৰ খাঁ আমাৰ সপক্ষেই আছে। আমাৰ লগত বুজাপৰাৰ কথা সি পাহৰিও যোৱা নাই। বিনাযুদ্ধেই এতিয়াও সি লাহোৰ আমাৰ হাতত গতাই দিয়াৰ বাবে প্ৰস্তুত হৈ আছে। তাৰ কাৰণেই মই অসন্ন মৃত্যুমুখৰ পৰা হাতসাৰি পলাই আহিবলৈ সক্ষম হৈছোঁ। সিয়ে তাৰ দেউতাকৰ চক্ৰান্তৰ কথা মোক আগতীয়াকৈ জনাই দিছিল। নহ'লে মই দৌলত খাঁৰ হাতৰ পৰা প্ৰাণলৈ পলাই আহিব নোৱাৰিলোহেঁতেন৷ অৱশ্যে দৌলত খাঁৰ জ্যেষ্ঠ পুতেক গাজী খাঁ দেউতাকৰ সপক্ষে।

    আৰু আলম খাঁ ?

    আলম খাঁ বৰ্তমান বিমোৰত আছেসি ইব্রাহীমৰ বিৰুদ্ধে যুঁজবিলৈ ভয় কৰি আছে। কাৰণ ইতিমধ্যে সি ইব্রাহীমৰ পৰা এশিকনি পাই থৈছে। গতিকে ইব্রাহীম লোডীক সি বর্তমান যমৰ দৰেই ভয় কৰে৷ মোৰ ধাৰণা, আপুনি লাহোৰ পালেই সি মনত বল পাব আৰু আপোনাৰ বশ্যতা স্বীকাৰ কৰিববৰ্তমান আমাৰ আটাইতকৈ ডাঙৰ বাধা হ'ল গাজী খাঁ। সেনাবাহিনীৰ ওপৰত দৌলত খাঁতকৈ গাজী খাঁৰ প্ৰভাৱে হেনো বেছি। গাজী খাঁক হৰুৱাব পাৰিলেই সেনাবোৰে আমাৰ বশ্যতা স্বীকাৰ কৰিব, ই ধূৰূপ। হিন্দুবেগে খন্তেক ৰৈ চাৰিওফালে দৃষ্টি বুলাই চিন্তিত কণ্ঠত ক'লেকিন্তু জাহাঁপনা, আপুনি এই দুর্গম বাটেৰে আহি আছে কিয় ?

    আমিতো পথ প্ৰদৰ্শকৰ নিৰ্দেশিত বাটেৰেই আহি আছোঁসি আমাক ভুল বাটেৰে আনিছে নেকি ?

    কত সেই পথ প্ৰদৰ্শক ? আপুনি মোক তাৰ লগত কথা পাতিবলৈ অনুমতি দিয়ক।

বাবৰৰ নিৰ্দেশত তাহিৰজানে লালচান্দক মাতি আনিলে।

    লালচান্দ হাতীৰ পিঠিত উঠি বাবৰৰ ওচৰলৈ আহিল। সি আহি হাতীৰ পিঠিত বহিয়ে বাবৰক অভিবাদন জনাই হিন্দুবেগক নমস্কাৰ জনালেহিন্দুবেগে হিন্দু প্রথামতে প্রতি নমস্কাৰ জনাই ঘোঁৰাৰ পিঠিত লৰিচৰি বহি হিন্দুস্থানী ভাষাত সুধিলেতুমি ক'ৰ মানুহ ?

    আগ্রাৰ হুজুৰলালচান্দে বিনম্রভাবে কলে।

    পঞ্জাৱলৈ কিয় আহিলা ?

    কামৰ সন্ধানত। ভোক পলুৱাবলৈতো কিবা এটা কৰিবই লাগে৷

    হাতী তোমাৰ নিজৰ নেকি?

    হয় হুজুৰ, নিজৰে............

    এনেকুৱা হাতী থাকোঁতে তুমি ইব্রাহীম লোডীৰ তাত কাম নকৰিলা কিয়?

    ইব্রাহীম লোডী বৰ কৃপণ মানুহ, হুজুৰসোণ-ৰূপ গোটাই তেওঁ মাথোন চন্দুকত জমা কৰি আছে। সেইবোৰ তেওঁ খৰচ কৰিব নুখুজেই।

    তুমি একেবাৰে সঁচা কথাকে কৈছা । হিন্দুবেগে লালচান্দৰ মনোভাৱৰ ভূ ল'বলৈ লালচান্দৰ লগত সহমত প্ৰকাশ কৰি ক'লেমই নিজেও ইব্রাহীম লোডীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁৰ সংগ এৰি পলাই আহিবলগীয়া হৈছে। ইব্রাহীম লোডীৰ দেউতাক চিকন্দৰ লোডীয়ে মোৰ দেউতাৰ ওপৰত বিশ্বাসঘাতকতাৰ মিছা অভিযোগ জাঁপি দি হাতীৰ ভৰিৰ তলত পেলাই দিছিল আৰু হাতীয়ে দেউতাক ভৰিৰে গচকি মাৰিছিলময়ো তেতিয়া তাত উপস্থিত আছিলোঁ। মই নিজৰ চকুৰেই সেই মর্মান্তিক দৃশ্য প্রত্যক্ষ কৰিছিলোঁ। মই আজিলৈকে সেই দৃশ্য পাহৰিব পৰা নাই। এতিয়াও মোৰ চকুৰ আগত ভাহি আছে সেই ভয়াৱহ দৃশ্য।

    হিন্দুবেগে আশা কৰামতেই লালচান্দৰ চকুমুখত সহানুভূতিৰ ছাপ প্রকট হৈ উঠিল৷ সি সুধিলেআপুনি ক্ষত্রিয় নেকি ?

    এৰা, মই ক্ষত্ৰিয়মোৰ প্ৰকৃত নাম ইন্দাৰ সিং। হিন্দুবেগে ইংগিতত বাবৰক দেখুৱাই ক'লেজাহাঁপনাই মোক হিন্দু বেগ বুলি মাতে। বর্তমান আটায়ে মোক এই নামেৰে মাতি ভাল পায়ম‍ই নিজেও এই নাম ভাল পাওঁ। হিন্দুবেগে এইদৰে নিজৰ পৰিচয় দি লালচান্দৰ নাম জানিব বিচাৰিলে বাৰু, তোমাৰ নাম কি আছিল ?

    লালচান্দ। লালচান্দে চমু উত্তৰ দিলে।

    বাৰু লালচান্দ, ইব্রাহীম লোডীৰ অত্যাচাৰৰ পৰা বৰ্তমান আমাক কোনে ৰক্ষা কৰিব পাৰিব বুলি তুমি ভাবা ?

    লালচান্দে নভবা-নিচিন্তাকৈ টপৰাই উত্তৰ দিলে ভগৱানে।

    ভগৱানেতো নিজে একো নকৰেতেওঁ মানুহৰ জৰিয়তেহে কাম কৰায়৷ তোমাৰ মতে সেই মানুহজন কোন হ'ব পাৰে ?

    লালচান্দ চিন্তামগ্ন হ'ল। সি হিন্দুবেগৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। লালচান্দক চিন্তামগ্ন দেখি হিন্দুবেগে তাৰ মনোভাব জানিবলৈ টোপ পেলালেদৌলত খাঁই সেই কাম কৰিব পাৰিব নেকি ?

    লালচান্দে টোপ গিলিলেসি হিন্দুবেগলৈ চাই উৎসাহিত কণ্ঠত কলেদৌলত খাঁ এজন দয়ালু শাসক; কিন্তু গাজী খাঁ দৌলত খাঁতকৈও বেছি ভাল।

    হিন্দুবেগে ঘনিষ্ঠ হবলৈ অনুচ্চ সুৰত ক'লেসঁচা কথা কোৱাচোন, তুমি বাবৰক এই দূর্গম বাটেৰে আনিছা কিয় ?

    গাজী খাঁৰ এনেকুৱাই নিৰ্দেশ আছিল ৷ লালচান্দে গৰ্বেৰে ক'লে৷

    হিন্দুবেগে চিন্তিত কণ্ঠত ক'লেকিন্তু গাজী খাঁই এই দুর্গম বাটেৰে আনিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি?

    লালচান্দে বাবৰৰ ফালে লক্ষ্য কৰিয়ে পুনৰ হিন্দুবেগৰ ফালে চাই নিম্নসুৰত ক'লেএওঁলোকৰ কাৰণে এয়াই উত্তম বাট।

    এওঁলোকে তোমাৰ কি ক্ষতি কৰিছে?

    আমাৰ কাৰণে ইব্রাহীম লোডীয়ে যথেষ্ট। এতিয়া আৰু এজন অত্যাচাৰী আহি আছে। সিও এজন বিদেশী।

    গাজী খাঁই তোমাৰ লগত ছলনা কৰিছে। হিন্দুবেগে নিজৰ ধাৰণা ব্যক্ত কৰিলে।

    লালচান্দ সচকিত হৈ উঠিল। হিন্দুবেগৰ কথাৰ পৰা সি হিন্দুবেগক বাবৰৰ সমৰ্থক বুলি বুজিব পাৰিলেসি হঠাৎ নিজে উঠি থকা হাতীটো লতা-পাতৰ মাজলৈ ঠেলি নি ক'লেইহঁত বিদেশী আক্ৰমণকাৰী। ইহঁত জল্লাদ। এওঁলোকে যোৱা বছৰ আমাৰ তিনি হাজাৰ সেনা হত্যা কৰিছিল। চহৰ, গাঁও লুটপাত কৰি মানুহবোৰক সৰ্বস্বান্ত কৰি থৈ গৈছিল। এওঁলোক আমাৰ দেশৰ শত্ৰু এওঁলোক হত্যাকাৰী জল্লাদ।

    এইদৰে কৈয়ে লালচান্দে হাতী গভীৰ অৰণ্যৰ ফালে ঠেলি নিবলৈ ধৰিলেবাবৰ কিছু আঁতৰতে ৰৈ আছিললালচান্দ পলাই যোৱাৰ উপক্ৰম কৰা দেখি হিন্দুবেগে উত্তেজিত কণ্ঠত ক'লেজাহাঁপনা, লালচান্দক বন্দী কৰাৰ বাবে আদেশ দিয়ক। ই আমাৰ শত্ৰু। গাজী খাঁৰ নিৰ্দেশতে ই আপোনালোকক ভুল আৰু দুৰ্গম বাটেৰে লৈ গৈ আছে।

    বাবৰো উত্তেজিত হৈ উঠিলখং আক্রোশত তেওঁৰ শিৰা-উপশিৰাবোৰ স্ফীত হৈ উঠিল। তেওঁ উত্তেজিত কণ্ঠত আদেশ দিলে ধৰা, সেই বিশ্বাসঘাতকক ধৰি পেলোৱা ৷ সি যাতে পলাই সাৰিব নোৱাৰে৷

    বাবৰৰ পৰা নিৰ্দেশ পাই অশ্বাৰোহী সেনাবোৰ লালচান্দৰ পিচে পিচে খেদি গ'ল। তিনিজন অশ্বাৰোহী দ্রুত আগবাঢ়ি গৈ হাতীটোক আগভেঁটি ধৰিলে৷

    লালচান্দে হাতীৰ কাণৰ গুৰিলৈ মুখ নি অশ্বাৰোহী কেইজনলৈ ইংগিত কৰি ফুচফুচাই কিবা নির্দেশ দিলেলগে লগে হাতীয়ে আগভেঁটি ধৰা অশ্বাৰোহী তিনিজনৰ দুজনক শুঁৰেৰে প্ৰহাৰ কৰি মাটিত বগৰাই পেলালে। সিহঁত দুজনৰ অৱস্থা দেখি পিচে পিচে খেদি অহি থকা বাকী অশ্বাৰোহীবোৰ কিংকর্তব্যবিমূঢ় হৈ থমকি ৰৈ গ'ল। আগভেঁটি ধৰা আনজন অশ্বাৰোহী ভয়ত বিতত হৈ ঘোঁৰা চেঁকুৰাই হাবিৰ মাজত অদৃশ্য হৈ পৰিল

    অশ্বাৰোহীকেইজনে নিজৰ ঠাইতে থিয় হৈ ধৰ ধৰ মাৰ মাৰ' বুলি চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।

    সমবেত কণ্ঠৰ চিঞৰ-বাখৰত হাতীটো ক্ৰধোন্মত্ত হৈ উঠিল। হাতীটোৱে গগন ফলা চিঞৰ মাৰি ডাল-পাত ভাঙি, লতা-পাত ভৰিৰে মোহাৰি গভীৰ অৰণ্যৰ মাজত সোমাই পৰিল

    তীৰন্দাজসকলে হাতীৰ ডাল-পাত ভঙাৰ শব্দ লক্ষ্য কৰি ধাৰাষাৰে শৰ নিক্ষেপ কৰিবলৈ ধৰিলে। কিন্তু ঘন হাবি আৰু গছ-লতাৰ প্ৰাচীৰ ভেদ কৰি মাথোন দুই-চাৰিটা শৰহে গৈ হাতীৰ গাত আঘাত কৰিবলৈ সক্ষম হ'বাকীবোৰ শৰ গছ-গছনি আৰু লতা-পাতত লাগি হাতীৰ গাত লগাৰ আগতেই ৰৈ গ'ল। দুই-চাৰিটা শৰে হাতীৰ কোনো ক্ষয়-ক্ষতিয়ে কৰিব নোৱাৰিলে৷

    ঘটনাৰ গমগতি দেখি বাবৰ উত্তেজিত হৈ উঠিল। তেওঁ তোপধাৰীসকলক তোপ দাগিবলৈ নিৰ্দেশ দিলে। শিলত ঘঁহি জুই জ্বলাই তোপৰ শলিতাত জুই লগায় মানে হাতীটো সিহঁতৰ পৰা বহুদূৰলৈ আঁতৰি যাবলৈ সক্ষম হ'ল।

    বাবৰ খঙত জ্বলি-পকি উঠিল। আহত সিংহৰ দৰে তেওঁ নিৰুদ্ধ আক্রোশত গর্জি উঠিলআহত সেনা দুজনক গাড়ীত উঠাই লৈ ব'লা আৰু যোৱাৰ আগতে আহত ঘোঁৰা দুটাক মাৰি পেলোৱাএইদৰে আদেশ দিয়ে তেওঁ দাঁতে দাঁতে ঘৰ্ষণ কৰি ক'লেসেই বদমাচে তাৰ বেইমানীৰ শাস্তি পাবই লাগিব। পুনৰ সেনাবোৰলৈ উদ্দেশ্য কৰি ক'লেযোৱা, হাবি আগুৰি পেলোৱা। সি যাতে কোনোমতেই প্ৰাণলৈ পলাই সাৰিব নোৱাৰে

    বাবৰৰ নিৰ্দেশ অনুসৰি এদল অশ্বাৰোহী লালচান্দক বিচাৰি ওলাল। কিন্তু লতা-পাত আৰু বোকাৰ কাৰণে সিহঁতৰ সকলো প্ৰচেষ্টা ব্যর্থ হ'ল। সিহঁতে লালচান্দৰ সন্ধান উলিয়াব নোৱাৰিলে। অৱশেষত নিৰাশ হৈ সিহঁতে নিজৰ দলৰ সন্ধানত আগবাঢ়িল

    সন্ধিয়াৰ আগে আগে হিন্দুবেগে বাবৰক সেনাসহ এটি সেউজ শ্যামল প্ৰান্তৰলৈ লৈ আহিল৷ পথ শ্ৰমত ক্লান্ত বাবৰে সেইদিনাৰ কাৰণে যাত্ৰা সিমানতে স্থগিত কৰি সেনাবোৰক তম্বু তৰিবলৈ নিৰ্দেশ দিলে

    সেনাবোৰে তম্বু তৰিবলৈ লাগি গ'ল। বাবৰে উৎকণ্ঠিতভাবে লালচান্দক খেদি যোৱা অশ্বাৰোহী কেইজন অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে

    অশ্বাৰোহী কেইজন কাণি-মুনি বেলি নিৰাশ মনেৰে উভতি আহিল। সিহঁতৰ কাপোৰ-কানি ফাটি-চিঙি গৈছিল আৰু ঘোঁৰাবোৰ বোকাৰে লুতুৰি-পুতুৰি হৈ পৰিছিল। ভোক-পিয়াহত কাতৰ হৈ কোনোমতেহে সিহঁত ঘোঁৰাৰ পিঠিত বহি আহিবলৈ সক্ষম হৈছিল৷

    পাছদিনা ৰাতিপুৱা দৌলত খাঁ আৰু দিলোৱাৰ খাঁই পঞ্চাছজনীয়া সেনাৰ সৰু দল এটা লৈ বাবৰৰ ছাউনীত উপস্থিত হ'ল। বাবৰৰ পৰা অনুমতি লৈ পৰীয়া সেনাবোৰে তেওঁলোকক ছাউনীৰ ভিতৰলৈ সোমাই আহিবলৈ অনুমতি দিলেদৌলত খাঁ আৰু দিলোৱাৰ খাঁই সেনাসহ ছাউনীৰ ভিতৰলৈ সোমাই আহিল৷ বাবৰে মাথোন দিলোৱাৰ খাঁকহে তম্বুলৈ মাতি পঠিয়ালেদৌলত খাঁ সেনাৰ লগত বাহিৰত ৰৈ থাকিল

    বাবৰে দিলোৱাৰ খাঁক বেগসকলৰ মাজত বহুৱাই লৈ কুশল বাতৰি সোধাৰ পাছত পোনপটীয়া অভিযোগৰ সুৰত সুধিলেজ্বনাব, আপোনাৰ দেউতাকক মই নিজৰ পিতৃৰ দৰে সন্মান কৰোঁ; অথচ তেওঁ সন্ধিৰ চৰ্ত ভংগ কৰি আমাৰ লগত বেইমানী কৰিলে কিয়? তেওঁ কি কাৰণত আমাৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'ব খুজিছে? এয়া বিশ্বাসঘাতকতা নহয়নে বাৰু ?

বাবৰৰ কৰ্কশ প্রশ্নত দিলোৱাৰ খাঁৰ মুখমণ্ডল ভয়ত বিবৰ্ণ হৈ উঠিল। দেউতাকক দোষমুক্ত কৰিবলৈ তেওঁ সেমেনা-সেমেনি কৰি ক'লেজাহাঁপনা, দেউতাৰ গাত অৱশ্যে বিশেষ দোষ নাই। ককায়েক গাজী খাঁই দেউতাক ভুল বাটত পৰিচালিত কৰি আছে। লাহোৰলৈ বেলেগ শাসক আহিলে লাহোৰৰ ক্ষমতা আমাৰ হাতৰ পৰা গুচি যাব বুলি তেওঁ দেউতাক ভয় খোৱাই আছে। ইব্রাহীম লোডীৰ দৰে আপুনিও যে আমাৰ এজন শত্ৰু এই কথা প্ৰতিপন্ন কৰিবলৈ তেওঁ অহৰহ চেষ্টা কৰি আছে। ফলত দেউতাই বৰ্তমান মনৰ স্থিৰতা হেৰাই পেলাইছে। কোনটো ভাল, কোনটো বেয়া এই বিষয়ে কোনো সিদ্ধান্তত আহিব নোৱাৰি তেওঁ বর্তমান উন্মাদপ্ৰায় হৈ উঠিছে।

    আৰু উন্মাদপ্ৰায় হৈ প্ৰবীণ লোক দৌলত খাঁই আমাক ভুল বাটত লৈ যোৱাৰ বাবে এজন মিছলীয়া পথ প্ৰদৰ্শকক আমাৰ ওচৰলৈ পঠালে? আমি যাতে গভীৰ অৰণ্যৰ ফান্দত পৰি মৰি থাকোঁ ইয়াৰ উদ্দেশ্য সেয়াই আছিল নহয়নে ?

    নাই নাই জাহাঁপনা, দেউতাই এই চক্ৰান্তৰ বিষয়ে একোকে নাজানে। এয়া নিশ্চয় গাজী খাঁৰ চক্ৰান্ত। দেউতাই স্বয়ং এনেকুৱা চক্ৰান্ত কৰিলে নিশ্চয় তেওঁ আপোনাৰ লগত সাক্ষাৎ কৰিবলৈ নাহিলহেঁতেনজাহাঁপনা, আপোনাৰ লগত সাক্ষাৎ কৰিবৰ বাবে দেউতা তম্বুৰ বাহিৰত ৰৈ আছেহিদেউতাৰ এতিয়া যথেষ্ট বয়স হৈছে। তেওঁ এতিয়া ৰক্তপাত হোৱাটো মুঠেই কামনা নকৰে৷ আপুনি বিশ্বাস কৰক জাহাপনা, আপুনি লাহোৰলৈ যোৱাটো দেউতাই মনে-প্রাণে কামনা কৰে৷ দিলোৱাৰ খাঁই অনুনয় বিনয় কৰি ক'লেআপুনি দেউতাক দয়া কৰক, জাহাঁপনা৷

    বাবৰৰ মুখমণ্ডল কঠোৰ হৈ উঠিল । তেওঁ ভ্ৰূকুটি মিশ্ৰিত দৃষ্টিত দিলোৱাৰ খাঁলৈ চাই ক'লেদয়াৰ যোগ্য আপুনিহে, জ্বনাব দিলোৱাৰ খাঁ; আপোনাৰ দেউতাক নহয়। আপোনাৰ দেউতাকে সন্ধিৰ চৰ্ত লংঘন কৰি কঠোৰ শাস্তিযোগ্য অপৰাধ কৰিছেশত্ৰুক শাস্তি আৰু বন্ধুক সহায় কৰাৰ বাবে হজৰত মহম্মদে আমাক উপদেশ দি থৈ গৈছে। এয়া জানো আপুনি নাজানে? বাবৰে নিজৰ দেহৰক্ষী চৰ্দাৰজনলৈ উদ্দেশ্য কৰি ক'লেশুনিছোঁ, দৌলত খাঁই কিছুদিনৰ পৰা কঁকালত দুখন তৰোৱাল ওলোমাই লৈ ফুৰিছে! আমি অকণমান দৃশ্যটো চাব খুজোঁ। আপুনি যাওঁক, তেওঁৰ পচন্দৰ ঠাইত তৰোৱাল ওলোমাই তেওঁক ইয়ালৈ লৈ আহকহি।

    আদেশ প্রতিপালিত হ'ল। দুজন শকত মজবুত সেনাই দৌলত খাঁক দুবাহুত ধৰি দাঙি তম্বুৰ ভিতৰলৈ লৈ আহিল। দৌলত খাঁই সেনা দুজনৰ হাতৰ মুঠিৰ পৰা মুক্ত হ'বলৈ ছট্‌ফট কৰি আছিল। ফলত তেওঁ ডিঙিত ওলোমাই ৰখা তৰোৱাল দুখন পৰস্পৰৰ লগত খুন্দা খাই ধাতৱ শব্দ কৰি আছিলদৃশ্যটো চাই উপস্থিত বেগসকলে ইজনে-সিজনৰ মুখলৈ চাই ওঁঠ টিপি হাঁহিবলৈ ধৰিলে

    দৌলত খাঁই বাবৰৰ ফালে চাই খঙত চিঞৰি চিঞৰি ক'বলৈ ধৰিলেমোক ইয়ালৈ কোনেও বন্দী কৰা অনা নাই । মই নিজৰ ইচ্ছাতে আপোনাৰ লগত সাক্ষাৎ কৰিবলৈ আহিছোঁ। আপুনি মোৰ লগত বেইমানী আৰু দুৰ্ব্যৱহাৰ কৰিছে কিয় ?

    বেইমানী কোনে কৰিছে?  আপুনি নে মই ? বাবৰ গৰ্জি উঠিলহিন্দুবেগে যেতিয়া মোৰ আজ্ঞালৈ আপোনাৰ ওচৰলৈ গৈছিল, তেতিয়া আপুনি তাক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু গাজী খাঁই আমাক মাৰিবলৈ বোকাময় গভীৰ অৰণ্যৰ মাজলৈ ঠেলি পঠিয়াবলৈ গুপ্তচৰ নিয়োগ কৰিছিল।গাজী খাঁ আপোনাৰ পুতেক সি কাৰ নিৰ্দেশত এনেকুৱা কাম কৰিছে? সেই পৰামৰ্শদাতা আপোনাৰ বাহিৰে আন কোনো নহয় । আপুনি আমাৰ লগত বেইমানী কৰিছে। বেইমানৰ লগত আমি বেইমানীয়ে কৰোঁ। বাবৰে খন্তেক মনে মনে থাকি নিজৰ উজীৰ-এ-আজম দুলহায়লৈ উদ্দেশ্য কৰি ক'লেজ্বনাব, আপুনি এওঁক বংশধৰসহ বন্দী কৰি ভীৰালৈ পঠিয়াই দিয়ক আৰু মিলৱত দুৰ্গত বন্দী কৰি ৰখাৰ বাবে নিৰ্দেশ দি পঠাওঁক। এওঁলোকৰ অনুপস্থিতিতো আমি যুদ্ধৰ কাম চলাব পাৰিম ৷

    আশ্চর্যচকিত দৌলত খাঁৰ হাত-ভৰি শিথিল হৈ আহিল। তেওঁৰ ভৰিযোৰে নিজৰ দেহৰ ভাৰ বহন কৰিবলৈ অসমৰ্থ হ'ল। তেওঁ লেপেটা কাঢ়ি মাটিত বহি পৰিল৷

    দুজন সেনাই দৌলত খাঁক টানি হেঁচুকি তম্বুৰ বাহিৰলৈ লৈ গ'ল।

    আন দুজন সেনা দিলোৱাৰ খাঁৰ পাছত এনেকৈ থিয় হ'ল যেন মাটি ফুটিহে বাহিৰ হ'ল সিহঁত।

    দিলোৱাৰ খাঁৰ মুখমণ্ডলো কেহৰাজৰ দৰে কলা পৰি গ'ল।

    ইয়াৰ পাছত কেইদিনমানৰ কষ্টকৰ যাত্ৰাৰ অন্তত বাবৰ সসৈন্যে পঞ্জাৱলৈ আহি পঞ্জাৱ অধিকাৰ কৰি গাজী খাঁক বন্দী কৰি পঞ্জাৱৰ শাসনভাৰ নিজৰ হাতলৈ আনিলে

    পঞ্জাৱ দখলৰ কেইদিনমান পাছত বাবৰে দিল্লী অভিমুখে আগবঢ়াৰ সিদ্ধান্ত ল'লেবাবৰৰ এই মনোভাৱৰ উমান পাই ইব্রাহীম লোডীয়ে বাবৰক বাধা দিয়াৰ কাৰণে দাউদ খাঁ আৰু হামিদ খাঁৰ নেতৃত্বত বিপুল সেনাবাহিনী পঞ্জাৱলৈ পঠালেবাবৰে অতি সহজেই লোডী বাহিনীক পৰাস্ত কৰি ৰূপাৰ, আম্বালা আদি ঠাই অধিকাৰ কৰিবলৈ সক্ষম হ'ল।

    কিন্তু পথশ্ৰমৰ ক্লান্তি আৰু উপৰ্যুপৰি যুদ্ধত ব্যস্ত হৈ থাকিব লগা হোৱাত বাবৰৰ সেনাবাহিনী ভাগৰি পৰিল। ফলত বাবৰে সেনাবাহিনীক বিশ্রাম দিয়াৰ কাৰণে দিল্লী অভিযান কিছুদিনৰ বাবে স্থগিত ৰাখিবলৈ বাধ্য হ'দিল্লী অভিযান স্থগিত ৰাখি তেওঁ সেনাবাহিনী সুবিন্যস্ত কৰাত মনোনিবেশ কৰিলে।

 

    শীতৰ শেষত বসন্তৰ আগমন হ'ল। বসন্তৰ আগমনৰ লগে লগে গছ-লতাবোৰ ন-কুঁহি মেলি ঠন্‌ ধৰি উঠিল৷ প্ৰকৃতিয়ে হিন্দুস্থানৰ বিশাল বিস্তৃত প্রান্তৰত পাৰি দিলে সেউজী চাদৰ। সেউজ শ্যামল ৰূপ ধাৰণ কৰিলে সৰ্বত্ৰপ্রকৃতি হৈ উঠিল উদ্ভিন্ন যৌৱনাদিশে দিশে ফুলি উঠিল বৰণীয়া ফুল। ভোমোৰাৰ গুঞ্জন, চৰাইৰ কাকলিত মুখৰ হৈ উঠিল ধৰণী ।

    ঠিক এনেকুৱা এটি সময়তে বাবৰে নিজৰ বাহিনীলৈ ভীৰাৰ পৰা পানীপত অভিমুখে যাত্ৰা কৰিলে৷

    বাবৰে অতি সাৱধানে, ধীৰে ধীৰে আগবাঢ়িলৈ ধৰিলে

    অৱশেষত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত তেওঁলোক আহি দিল্লীৰ পৰা পচপন্ন মাইল উত্তৰ-পশ্চিম দিশত অৱস্থিত পানীপত পালেহিবাবৰে পানীপত চহৰ আৰু যমুনা নদীৰ মধ্যৱৰ্তী অঞ্চলত ছাউনী পাতি আসন্ন নির্ণায়ক যুদ্ধৰ বাবে ৰৈ '

    সিফালে আগ্ৰাৰ পৰা একলাখ সেনাৰ এক বিশাল বাহিনীলৈ ইব্রাহীম লোডীয়ে বাবৰক বাধা দিবলৈ পানীপতৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে৷ ইব্রাহীম লোডীৰ বাহিনীত অসংখ্য যোদ্ধা হাতী আছিল আৰু তেওঁৰ মনোবলো আছিল তুংগতকাৰণ যোৱা বছৰ আলম খাঁ, দিলোৱাৰ খাঁ আৰু অন্যান্য দেশীয় ৰজাৰ সন্মিলিত বাহিনীৰ লগত ইব্রাহীম লোডীৰ দিল্লী সীমান্তত যুদ্ধ হৈছিলসেই যুদ্ধত সন্মিলিত বাহিনীৰ চল্লিশ হাজাৰ সেনাৰ বিৰুদ্ধে ইব্রাহীম লোডীৰ জয় হৈছিল।

    বৰ্তমান ইব্রাহীম লোডীৰ বাহিনীত একলাখ সেনা। বিপৰীত পক্ষে বাবৰৰ বাহিনীত সেনা সংখ্যা মাথোন বাৰ হাজাৰগতিকে সেনাৰ ফালৰ পৰা ইব্রাহীম লোডী বহুত শ্রেষ্ঠতা সম্পন্ন। তদুপৰি বাবৰৰ বাহিনীত নথকা অগণন যোদ্ধা হাতী আছিল ইব্রাহীম লোডীৰ বাহিনীত।

    ইব্রাহীম লোডীৰ বিশাল সেনা বাহিনী আৰু যোদ্ধা হাতীৰ কথা শুনি বাবৰৰ বহুতো সেনা ভয়ত বিহ্বল হৈ পৰিলসিহঁতে পৰস্পৰৰ মাজত আলোচনা কৰিবলৈ ধৰিলেআমি আসন্ন যুদ্ধত হাৰিলে ভাৰতৰ বিশাল ভূ-খণ্ডৰ পৰা প্ৰাণলৈ উভতি যোৱাটো সম্ভৱ নহ'ব। যুদ্ধক্ষেত্ৰৰ পৰা পলাই গ'লেও লাভ নহ'ব। কাৰণ লুকাই-চুৰকৈ পলাই গ'লেও শত্রু সেনাৰ হাতত ধৰা পৰিব লাগিব৷ গতিকে প্রাণপণ যুদ্ধ কৰি শত্ৰু সেনাক পৰাজয় কৰাৰ বাহিৰে আমাৰ বিকস্প নাই

    কিছু সংখ্যক সেনাৰ বাহিৰে অধিকাংশ সেনাৰে বাবৰৰ যুদ্ধৰ অনুভৱ আৰু ৰণ কৌশলৰ ওপৰত অগাধ আস্থা আছিলওস্তাদ আলীকুলীৰ বৰতোপ আৰু বন্দুকৰ ওপৰতো প্রগাঢ় ভৰসা আছিল অধিকাংশ সেনাৰইব্রাহীম লোডীৰ হাতী থাকিলেও আগ্নেয়াস্ত্ৰ নাছিল। তদুপৰি ইব্রাহীম লোডীৰ সেনাতকৈ বাবৰ বাহিনীৰ আত্মবিশ্বাস, অভিজ্ঞতা আৰু পাৰদৰ্শিতা বহুগুণে বেছি আছিল

    হাতীৰ প্ৰতি অৱশ্যে বাবৰ সেনাৰ এটা ভয়ভাৱ আছিলকাৰণ দৈহিক বল আৰু তৰোৱালেৰে সেই অতিকায় প্ৰাণীৰ লগত ফেৰ মৰাটো সম্ভৱ নহয় বুলি আটায়ে অৱগত আছিল। কিন্তু সেনাবোৰৰ এটা আত্মবিশ্বাস আছিল যে, বৰতোপ আৰু বন্দুকেৰে অতিকায় প্ৰাণীবোৰক ঘায়েল কৰিব নোৱাৰিলেও ভয় দেখুৱাই অন্ততঃ খেদি পঠিয়াবলৈ সক্ষম হ'সাধাৰণতে তেতিয়া ভাৰতৰ যুদ্ধৰ পৰিণাম হাতীৰ ওপৰতে নিৰ্ভৰশীল আছিল৷ বৰতোপ আৰু বন্দুকেৰে হাতী খেদি পঠিয়াব পাৰিলে যুদ্ধত জয়ী হোৱাটো অসম্ভৱ নহ'ব বুলিয়ে বাবৰ সেনাৰ ধাৰণা আছিল৷ বাবৰে পানীপত চহৰ আৰু যমুনা নদীৰ মধ্যবর্তী এডোখৰ ঠাই যুদ্ধৰ বাবে নির্বাচন কৰিলেকাৰণ ঠাই ডোখৰ আছিল আহল-বহল আৰু মুকলি। বৰতোপ আৰু গুলী বৰ্ষণৰ বাবে আহল-বহল মুকলি প্রান্তৰেই বেছি সুবিধাজনক।

    পর্যাপ্ত সময় থাকোঁতেই বাবৰে যুদ্ধৰ সকলো আয়োজন সম্পূৰ্ণ কৰি তুলিলে। যুদ্ধ কৌশল, সেনা পৰিচালনা আৰু আত্মৰক্ষাৰ প্ৰতিটো খুটি-নাটি দিশ তন্ন তন্ন কৰি অভিজ্ঞতাৰ ভিত্তিত বিচাৰ-বিশ্লেষণ কৰি বাবৰে সঠিক সিদ্ধান্ত ল'লে। শত্ৰু সেনাৰ ইচ্ছানুসাৰে যাতে যুদ্ধ কৰিব নালাগে তাৰো ব্যৱস্থা কৰিলে তেওঁ

    সকলো আয়োজন সম্পূৰ্ণ কৰি বাবৰে যুদ্ধ অনুশীলন কৰিবলৈ নিৰ্দেশ দিলে৷ নিৰ্দেশ অনুসৰি সেনাবোৰে নিজৰ নিজৰ কৌশল অনুশীলন কৰিবলৈ ব্যস্ত হৈ পৰিলবৰতোপ আৰু বন্দুকধাৰীসকলে বৰতোপ আৰু বন্দুক পৰিচালনা, তীৰন্দাজসকলে তীৰ চালনাৰ অভ্যাস কৰিবলৈ ধৰিলে। বাবৰে পদাতিক সেনাবোৰৰ কাৰণে এক অভিনৱ যুদ্ধ কৌশল উদ্ভাৱন কৰিলে ৷ সেনাবোৰক সেই অভিনৱ কৌশল অনুশীলন কৰিবলৈকো নির্দেশ দিলে

    বাবৰৰ বাহিনীত সাতশ গাড়ী আছিলগাড়ীবোৰ টিলাৰ ওপৰলৈ তুলি আনি গৰুৰ ছালৰ মজবুত ৰচীৰে এটাৰ পাছত এটাকৈ বান্ধি অৰ্ধবৃত্তাকাৰে শাৰী পাতি স্থাপন কৰিলে। গাড়ীবোৰ বাগৰি নোযোৱাকৈ ৰাখি খবৰ বাবে চকাৰ তলত গছৰ ডাল গুজি দিয়াৰ লগতে গাড়ীৰ আগে-পাচে থকা খালী ঠাইবোৰত তীৰ পাৰ হৈ আহিব নোৱাৰাকৈ অভেদ্য লোৰ ঢাল থিয় কৰাই দিলে। যুদ্ধ সঞ্চালন কৰা নায়কৰ নিৰ্দেশ পোৱাৰ লগে লগে গাড়ীৰ চকাৰ তলত গুজি দিয়া ডালবোৰ একেলগে আঁতৰাই নিব লাগিব যাতে সাতশ গাড়ী একেলগে ওপৰৰ পৰা তললৈ বাগৰি যাব পাৰে। নির্দেশানুসাৰে গাড়ীবোৰ বগৰাই দিয়াৰ বাবে সাজু কৰি তোলা হ'ল।

    তাহিৰ বেগে ঘোঁৰা চেঁকুৰাই গাড়ীৰ লাইনৰ একেবাৰে শেষপ্রান্তত থকা গাড়ীখনৰ ওচৰলৈ আহিল। সেনা নায়ক আলীকুলী খাঁৰ নিৰ্দেশমতে সংকেত দিয়াৰ বাবে তাহিৰ বেগ সাজু হৈ থাকিল। সেনাবোৰো সাজু হ'ল। আটাইতকৈ ওখ ঠাই এডোখৰত থিয় হৈ থকা আলীকুলীৰ ওপৰত আটাইৰে দৃষ্টি নিবদ্ধ হ'ল। আলীকুলীয়ে হাতেৰে ইংগিত দিয়াৰ লগে লগে তাহিৰ বেগে উচ্চ কণ্ঠত চিঞৰিলেগোঁজবোৰ আঁতৰাই নিয়া

    নিৰ্দেশমতেই গোঁজবোৰ আঁতৰাই নিয়া হ'ল। গাড়ী তলৰফালে বাগৰি যাবলৈ ধৰিলে। কিন্তু আশা কৰামতে গাড়ীবোৰ সমানে সমানে আগনাবাঢ়িল। কিছুমান আগবাঢ়ি গ'ল আৰু কিছুমান পিচ পৰি থাকিলকিছুমান গাড়ী আকৌ ৰচী ছিঙি লাইনচ্যুত হ'ল৷ গাড়ীত বন্ধা ঢালবোৰো উলটি গ'

    বাবৰে পাছফালে ৰৈ অনুশীলন প্ৰত্যক্ষ কৰি আছিল৷ গাড়ীবোৰ বিশৃংখল হৈ পৰা দেখি তেওঁ আদেশ দিলেওস্তাদ আলীকুলী, ৰচীবোৰ নিচিঙালৈকে আৰু গাড়ীবোৰ উলটি নোযোৱালৈকে এই অনুশীলন অব্যাহত ৰাখক৷

    ঘামত তিতি-বুৰি সেনাবোৰে পুনৰ গাড়ীবোৰ আগৰ ঠাইলৈ তুলি আনিলে

    কিছুমান সেনা পৰিশ্ৰমত একেবাৰে শ্রান্ত-ক্লান্ত হৈ পৰিছিল৷ সিহঁতে এই পৰিশ্ৰমী কামৰ পৰা গা বচাই চলিবলৈ চেষ্টা চলালে। শেন চকুৱা চৰ্দাৰবোৰে সিহঁতক নির্মমভাবে গালি-শপনি পাৰিবলৈ ধৰিলেএলেহুৱা কিছুমানক মাৰধৰ পর্যন্ত কৰিলে।

    বাবৰে সেনাবোৰৰ অমনোযোগিতা দেখি নির্মমভাবে আদেশ দিলেঅনুশীলনৰ সময়ত কাকো অনুগ্ৰহ কৰা নহ'ব। সফল নোহোৱালৈকে অনুশীলন চলাবই লাগিব।

    কাৰো লগত আপোচ নকৰিবলৈ এইদৰে নিৰ্মম নিৰ্দেশ দি বাবৰ টিলাৰ পৰা নামি আহি গড়খাৱৈ খান্দি থকা কামৰ অগ্ৰগতি পর্যবেক্ষণ কৰিবলৈ গ'সেনাবোৰে তিনিবাৰমান অভ্যাস কৰাৰ পাছত ৰচী নিচিঙাকৈ আৰু গাড়ী উলটি নোযোৱাকৈ গাড়ীবোৰ বগৰাই দিবলৈ সক্ষম হ'ল।

    কিছুমান সেনাই নদীৰ পাৰত গড়খাৱৈ খান্দি আছিলএটা হাতী অনায়াসে সৰকি পাৰ হৈ যাব পৰাকৈ বহল আৰু গভীৰ কৰি খন্দা হৈছিল গড়খাৱৈবোৰগড়খাৱৈ খন্দাৰ পাছত ওপৰত গছৰ ডাল-পাত জাপি দিয়া হ'ল। গড়খাৱৈৰ চিন- চাব নোহোৱা কৰাৰ কাৰণে ডালপাতৰ ওপৰত মাটিও জাপি দিলে ।

    তাহিৰ বেগ বাবৰৰ দেহৰক্ষীসকলৰ চৰ্দাৰ হোৱাৰ কাৰণে সি সদায় বাবৰৰ লগতে থাকিছিল। ডাল-পাত আৰু মাটিৰে গড়খাৱৈ ঢাকি দিয়াৰ পাছত তাহিৰ বেগে গড়খাৱৈবোৰলৈ চাই ভাবিলেশত্রু যদি এইফালেদি আক্ৰমণ কৰিবলৈ আহে বৰ মজা হ'ব। কিন্তু এইফালেৰে নাহি যদি বেলেগ ফালেৰে আহে, তেনেহ'লে সকলো পৰিশ্ৰম দেখোন অথলে যাব!

    বাবৰে কিন্তু সকলোবোৰ বিষয়ৰ ওপৰত সমানে চকু ৰাখিছিল। গুপ্তচৰসকলৰ পৰা তেওঁ অৱগত হৈছিল যে, পানীপতৰ দুফালে গভীৰ অৰণ্য আৰু বোকাময়। সোঁফালে যমুনা নদী। এফালে ঘন বসতিপূৰ্ণ পানীপত চহৰ। চহৰৰ শই শই অলি-গলি। অলি-গলিবোৰত প্রতিনিয়ত চৰি ফুৰে অগণন ব্যস্ত মানুহ। গতিকে শত্রু সেনা চহৰৰ মাজেৰে অহা সম্ভৱ নহয়। শত্ৰু একমাত্র সন্মুখৰ ফালেৰে অহাহে সম্ভৱ। যদি সেয়েই হয়, এই গড়খাৱৈ অবিহনে দহগুণ অধিক সেনাৰ লগত মোকাবিলা কৰাটো তেনেই অসম্ভৱএইবোৰ দিশ চালি-জাৰি চাইয়ে বাবৰে গড়খাৱৈ খন্দাৰ কথা ভাবিছিল

    অৱশেষত বহু প্রতীক্ষিত দিনটো আহিল। দুয়োপক্ষৰ সেনা যুদ্ধৰ বাবে সাজু হৈ ওলালসেয়া আছিল পোন্ধৰশ ছাব্বিছ চনৰ একৈশ এপ্রিল। উক্ত দিনটো ইতিহাসৰ পাতত বিখ্যাত পানীপত যুদ্ধ নামে লিপিবদ্ধ হৈ ৰ'ল।

    সিদিনা সূৰ্যটো যমুনা নদীৰ বাওঁপাৰে উদয় হৈ ইব্রাহীম লোডীৰ এক লাখ সেনাক ৰদেৰে প্লাৱিত কৰি তীৰবেগত নিজৰ শীৰ্ষ বিন্দুৰ ফালে আগুৱাই আছিল৷ সূৰ্যৰ লগে লগে পৰুৱাৰ জাকৰদৰে আগুৱাই আহি আছিল ইব্রাহীম লোডীৰ এক লাখ সেনা। দূৰৰ পৰা চাই অনুমান হৈছিল যেন চলন্ত সাগৰ এটাহে বাবৰৰ বাৰ হাজাৰ সেনাক বানৰ মুখত ঢৌৱাই নিবলৈ আগুৱাই আহি আছে ৷ অগণন সেনাৰ কাৰণে মাটি পর্যন্ত অদৃশ্য হৈ পৰিছিল আৰু হাতীহে মাথোন চলন্ত জাহাজৰ দৰে চকুত পৰি আছিল

    বাবৰে দেহৰক্ষীৰ লগত এটা ওখ টিলাৰ ওপৰত থিয় হৈ হিন্দুস্থানী সেনাৰ আলেখ-লেখ অতি মনোযোগেৰে নিৰীক্ষণ কৰি আছিল। টিলাৰ ওপৰৰ পৰা সেনাৰ আকাৰ-প্ৰকাৰ তেওঁৰ চকুত পৰা নাছিল। গতিকে তেওঁৰ উপলব্ধি হ'ল চলন্ত প্ৰান্তৰ এটাহে যেন তেওঁৰ ফালে আগুৱাই আহি আছে।

    সেনাৰ সংখ্যাধিক্যলৈ চাই বাবৰৰ দৰে সিংহ পুৰুষৰ অন্তৰতো ভয়ৰ সঞ্চাৰ হ'ল। উৎকণ্ঠা উত্তেজনাত তেওঁৰ বুকু কঁপি উঠিল।

    বাবৰে ভাবিবলৈ ধৰিলেসৌ হাতীবোৰৰ কোনোবা এটাত উঠি ইব্রাহীম লোডী তেওঁৰ ফালে উন্মত্ত উল্লাসত আগুৱাই আহি আছে। বিশাল জন্তুটোৰ পিঠিত বহিয়ে হয়তো সি সমগ্ৰ ৰণভূমি নিৰীক্ষণ কৰি আছে। হয়তো সি বাবৰ সেনাৰ সংখ্যালঘূতালৈ চাই হাতীৰ পিঠিত উঠিয়ে পৈচাশিক উল্লাসত নাচি আছে।

    শত্রু সেনা লাহে লাহে ওচৰ চাপি আহিলিন্তু বাবৰ আগৰদৰেই শান্ত ও সংযতভাবে টিলাৰ ওপৰত থিয় দি থাকিল ।

    গাড়ী আৰু ঢালৰ মজবুত দেৱাল নিৰ্দেশৰ অপেক্ষাত শাৰী পাতি ৰৈ আছিল। বাবৰৰ অন্যান্য সেনাসকলো নিজ নিজ দায়িত্ব দক্ষতাৰে সম্পন্ন কৰিবলৈ সষ্টম হৈ ৰৈ আছিল। উত্তেজনাত উশাহ-নিশাহৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠি আছিল আটাইৰে। শিৰা-উপশিৰাবোৰ টনটনাই আছিল। নিৰ্দেশ পোৱাৰ লগে লগে শত্রু সেনাৰ ওপৰত জঁপিয়াই পৰিবৰ বাবে আটায়ে ব্যগ্ৰভাবে অপেক্ষা কৰি ৰৈ আছিলবাবৰ সেনাৰ সোঁফালৰ নায়ক আছিল চাহজাদা হুমায়ুন৷ দেউতাকৰ দৰেই হুমায়ুন বুদ্ধিমান ও সাহসী। তেওঁৰ লগত আছিল কলাবেগ, হিন্দুবেগ আৰু অন্যান্য অভিজ্ঞ আৰু বিশ্বস্ত সেনা নায়কসকল।

    সেনাবোৰ অৰ্ধবৃত্তাকাৰে শাৰীপাতি ৰৈ আছিলশাৰীৰ মাজ ভাগত আছিল বৰটোপধাৰী, বন্দুকধাৰী, তীৰন্দাজ ও মজবুত অভিজ্ঞ পদাতিক সেনাশাৰীৰ দুফালে তুফানী হামলাৰ বাবে সষ্টম হৈ ৰৈ আছিল অশ্বাৰোহী সেনা। সন্মুখৰ পৰা ধীৰ মন্থৰ গতিত আগুৱাই আহি আছিল ইব্রাহীম লোডীৰ এক লাখ সেনা। সেনাদলৰ আগে আগে আহি আছিল বিশালকায় যোদ্ধা হাতীৰ জাক । হাতীৰ জাকৰ আগে আগে আহি আছিল ইব্রাহীম লোডীৰ হাতী। তেওঁৰ পিছে পিছে আহি আছিল প্ৰয়োজনতকৈও অধিক পদাতিক সেনাকম পৰিসৰত অধিক সেনা একেলগে আহিব লগা হোৱাত সিহঁতে ঠেলা হেঁচা কৰি আগবাঢ়ি আছিলফলত সিহঁতৰ গতি মন্থৰ হৈ পৰিছিল৷

    তাহিৰ বেগে কেইজনমান দেহৰক্ষীৰ সৈতে বাবৰৰ পৰিজনবৰ্গৰ লগত অলপ আঁতৰত থিয় হৈ আছিল

    বাবৰৰ পৰা অলপ আঁতৰত ৰৈ আছিল, বাবৰ আৰু সেনাৰ লগত সম্পর্ক ৰক্ষাকাৰী সংবাদবাহক সেনাসকল। বাবৰে সিহঁতক প্ৰয়োজন সাপেক্ষে নির্দেশ দি আছিল। তেওঁৰ নিৰ্দেশৰ সুৰ আছিল আত্মবিশ্বাসেৰে ভৰা আৰু সুস্পষ্ট।

    শত্রু সেনাৰ ফালে নিশ্চল হৈ চাই থকাটো এটা সময়ত বাবৰৰ কাৰণে অসহ্যকৰ হৈ উঠিল। বেগসকলো শত্রু সেনাক বাধা দিয়াৰ কাৰণে ব্যগ্ৰ হৈ উঠিল৷ কিন্তু বাবৰে অধৈর্য বেগ আৰু সেনাবোৰক শান্ত স্পষ্ট গুৰু-গম্ভীৰ কণ্ঠত সঁকিয়াই যাবলৈ ধৰিলেধৈর্য ধৰা, অপেক্ষা কৰা, কোনেও আগবাঢ়ি নাযাবা ।

    ইব্রাহীম লোডীয়ে লক্ষ্য কৰিলে যে, বাবৰ সেনা গাড়ী আৰু ঢালৰ দেৱালৰ পাছফালে নিশ্চল হৈ থিয় দি আছেকোনেও আগবাঢ়িলৈ চেষ্টা কৰা নাই ৷ বাবৰ সেনাৰ নিষ্ক্রিয়তা দেখি ইব্রাহীম লোডীয়ে তেওঁৰ সেনাবোৰক ৰৈ যাবলৈ নিৰ্দেশ দিলে। নির্দেশ পাই চলন্ত জনসমুদ্র নিশ্চল হৈ ৰৈ গ'

    ইব্রাহীম লোডীয়ে তেওঁৰ সেনানায়ক সকলৰ লগত পৰামৰ্শ কৰি সেনাবোৰক সোঁফালে ঘুৰিবলৈ নিৰ্দেশ দিলে। এই নির্দেশ এই কাৰণেই দিলে যাতে মূল আক্রমণ মাজ ভাগত নকৰি প্ৰতিপক্ষৰ সোঁফালে কৰিব পাৰে। সোঁফাল ভেদ কৰি চহৰৰ ফালৰ পৰা ওলাই আহি যাতে প্রতিপক্ষই গাড়ীলৈ ৰৈ থকা টিলাটো আগুৰি পেলাব পাৰে

    কিন্তু এক লাখ সেনা শৃংখলাবদ্ধভাবে পৰিচালনা কৰাটো সহজ কাম নাছিলহুকুম দি থাকোঁতেই কিছু সেনা বাবৰ সেনাৰ সোঁফাল লক্ষ্য কৰি ঘূৰিল যদিও অধিক সংখ্যক সেনা ঘূৰিল চহৰৰ ফালে। ফলত সেনা বাহিনীত বিশৃংখলতাই দেখা দিলেবিশৃংখল সেনা শৃংখলাবদ্ধ কৰি তোলোঁতে ইব্রাহীম লোডীৰ বহু সময় ব্যয় 'ল।

    ইব্রাহীম লোডীৰ সেনা বিশৃংখল হোৱা দেখি বাবৰ উৎসাহিত হৈ উঠিল। প্ৰতি আক্ৰমণৰ বাবে তেওঁ দুহেজাৰ অশ্বাৰোহী প্রতিপক্ষ সেনাৰ বাওঁফালে পঠিয়াই দিলে।

    অশ্বাৰোহী সেনাসকল তীৰ বেগত আগবাঢ়ি আহি কেন্দ্ৰৰ পৰা ঘূৰি থকা লোডীৰ পদাতিক সেনা আৰু হাতীৰ পাচফাললৈ আহিল

    সিফালে হুমায়ুনৰ অশ্বাৰোহী বাহিনী নিজৰ সোঁফালে প্ৰতিপক্ষক আগভেঁটি ধৰি সিহঁতক পুৰ্ণগঠিত হোৱাত বাধা দিবলৈ আগুৱাই গ'ল ৷

    বাবৰে পূৰ্বৰ যুদ্ধৰ বিজয় আৰু পৰাজয়ৰ আটাইবোৰ অভিজ্ঞতা পানীপতৰ যুদ্ধত প্ৰয়োগ কৰিছিল। তেওঁৰ লক্ষ্য আছিল, প্ৰতিপক্ষক চাৰিওফালৰ পৰা আগুৰি ধৰি সিহঁতৰ যুদ্ধ যোজনা ভাঙি পেলাই লৰা-ঢপৰা আৰু হাই-উৰুমিৰ সৃষ্টি কৰা৷

    বাস্তৱতো বাবৰে তাকেই কৰিলে। আগুৰি ধৰা সেনাতকৈ আগুৰি পেলোৱা সেনা সংখ্যা বহু বেছি আছিল৷ প্ৰতিপক্ষ সেনাই ঘেৰ ভাঙি কেতিয়াবা বাওঁফালে আকৌ কেতিয়াবা সোঁফালে ওলাই আহিবলৈ ধৰিলে৷

    ইয়াৰ মাজতে বাবৰে এটা চাল চালিলে তেওঁৰ নিজৰ বাহিনীৰ কেন্দ্ৰভাগ খালী কৰিবলৈ সিদ্ধান্ত লৈ কেন্দ্ৰস্থিত সেনাৰ পৰা সংকটজনক পৰিস্থিতি দেখিলেই প্রয়োজন সাপেক্ষে সোঁৱে-বাঁৱে সহায়ৰ বাবে নিৰৱচ্ছিন্নভাবে সেনা পঠাবলৈ ধৰিলে

    বাবৰে জানি-বুজিয়ে এই কাম কৰি আছিল। কেন্দ্ৰৰ পৰা সেনা আঁতৰাই পঠিওৱাৰ উদ্দেশ্য আছিল দুটা। প্রথম উদ্দেশ্য আছিল, কেন্দ্ৰস্থিত সেনাৰ পাচফালেই আছিল বগৰাই দিবৰ বাবে অপেক্ষাৰত গাড়ী আৰু ঢালৰ দেৱাল। সেনা আঁতৰাই নপঠালে গাড়ী বগৰাই দিয়া সম্ভৱ নাছিলদ্বিতীয় উদ্দেশ্য আছিল, কেন্দ্ৰভাগ দুৰ্বল কৰি শত্ৰু সেনাক প্রলোভিত কৰি গাড়ীৰ সন্মুখলৈ টানি অনা৷

    কৌশল কামত আহিল৷ কেন্দ্ৰভাগ দুৰ্বল হৈ পৰাৰ লগে লগে ইব্রাহীম লোডীয়ে নিজৰ বাহিনীক টিলাৰ ফালে আগুৱাই আহিবলৈ নিৰ্দেশ দিলেকাৰণ টিলাৰ ওপৰত বাবৰ থিয় দি আছিল। বাবৰক আক্ৰমণ কৰাৰ কাৰণেই লোডীয়ে এই নির্দেশ দিলে

    নিৰ্দেশ পোৱাৰ লগে লগে সেনাবোৰে নিজৰ সোঁৱে-বাৱেঁ আৰু পাছফালে হোৱা আক্ৰমণ ঠেলি-হেঁচি মুখ্য শক্তি যোদ্ধা হাতীলৈ টিলাৰ ফালে আগুৱাই আহিল৷

    প্রতিপক্ষ সেনাই টিলাৰ ঢাল বগাই কিছুদূৰ উঠাৰ পাছতেই বাবৰে আদেশ দিলেগোঁজবোৰ আঁতৰাই নিয়া।

    বাবৰৰ নিৰ্দেশ পাই একেলগে সাতশ গাড়ীৰ গোঁজ আঁতৰাই নিয়া হলগে লগে এটা শাৰীতে সাতশ গাড়ী শত্ৰু সেনাৰ ফালে কালান্তক যমৰ দৰে বাগৰি যাবলৈ ধৰিলে। ঠিক তেনেতে গৰ্জি উঠিল আলীকুলীৰ বৰটোপ আৰু বন্দুকধাৰীৰ বন্দুক

    ইব্রাহীম লোডীৰ হাতী আৰু পদাতিক বাহিনীৰ ওপৰত ধাৰাষাৰে গুলীবর্ষণ হ'বলৈ ধৰিলে৷ বৰটোপৰ প্ৰচণ্ড শব্দই কাণতাল মাৰি ধৰিলে। কলা ধোঁৱাই আকাশ ছানি পেলালে৷ শত্রু সেনাই চকুৰে একো নমনা হ'ইফালে সাতশ গাড়ী ভয়ানক দৈত্যৰ দৰে বাগৰি গৈ শত্ৰু সেনাৰ ওপৰত আঘাত হানিলেশত্ৰু সেনাৰ গগন ভেদী আর্তনাদে আকাশ বতাহ কঁপাই তুলিলে। লগে লগেই আৰম্ভ হৈ গ'ল ইস্পিত লৰা-ঢপৰা৷

    শত্ৰু সেনা এই অভিনৱ আকস্মিক আক্ৰমণৰ বাবে মুঠেই সাজু নাছিলবৰটোপ আৰু বন্দুকৰ কাণ তালমৰা শব্দত সেনাৰ লগতে হাতীবোৰো আতংকিত হৈ লৰা-ঢপৰা আৰম্ভ কৰিলেআহত সেনা আৰু আতংকিত হাতীৰ চিঞৰ-বাখৰত যুদ্ধক্ষেত্ৰত আতংকজনক পৰিস্থিতি বিৰাজ কৰিবলৈ ধৰিলে। আহত আৰু আতংকিত হাতীবোৰে আকাশ বতাহ কঁপাই প্ৰচণ্ডভাবে চিঞৰি চিঞৰি ছট্‌ফটাবলৈ ধৰিলেমাউতে বলপূর্বকভাবে হাতীবোৰ আগুৱাই নিবলৈ চেষ্টা কৰাত সিহঁত আৰু অধিক উগ্ৰ হৈ উঠিলআৰম্ভ হৈ গ'ল হাতীৰ তাণ্ডৱ৷ হাতীৰ গচকত বহুতো সেনা আৰু ঘোঁৰা চেপেটা হ'বলৈ ধৰিলে।

    বৰটোপ আৰু বন্দুকৰ গুলীবর্ষণ অবিৰাম গতিত চলি থাকিল৷ বৰটোপৰ আঘাতত বহু হাতী মৰিল আৰু বহু আহত হ'ল। টিলাৰ ঢালত মৃত আৰু অৰ্ধমৃত বহু হাতী পৰি ৰ'ইফালে নিৰৱচ্ছিন্নভাবে পানীৰ সোঁতৰ দৰে শত্ৰু সেনা আগবাঢ়ি আহি হতাহতৰ সংখ্যা বৃদ্ধি কৰিবলৈ ধৰিলে

    অৱশেষত বৰটোপ আৰু বন্দুকৰ আগত তিষ্ঠিব নোৱাৰি শত্ৰু সেনা উপায়বিহীন হৈ বাবৰ সেনাৰফালে পিঠি দি ফৰিং ছিটিকাদি পলাবলৈ ধৰিলে। লৰা-ঢপৰা ইমান ক্ষিপ্ৰ গতিত চলি থাকিল যে, পলৰীয়া সেনাৰ ঠেলা-হেঁচাতো ইব্রাহীম লোডীৰ বহুতো সেনা মাটিত পৰি গৈ পলৰীয়া সেনাৰ গচকত প্ৰাণ হেৰুৱাবলৈ ধৰিলেবহুতে আতংকত অস্ত্ৰ-শস্ত্ৰ পেলাই থৈয়ো উর্ধশ্বাসে দৌৰি পলাল ।

    শত্রু সেনাক আগুৰি থকা বাবৰ সেনা সংখ্যাত তাকৰীয়া হোৱা কাৰণে প্রতিপক্ষৰ পলৰীয়া সেনাক বাধা দি ৰখা টান হৈ পৰিলপ্রথমে হাতীয়ে বাবৰ সেনাক ঠেলি-হেঁচি বাট উলিয়াই যাবলৈ ধৰিলে আৰু হাতীৰ পিছে পিছে পলাবলৈ ধৰিলে পদাতিক সেনা।

    বাবৰে টিলাৰ ওপৰত থিয় হৈ যুদ্ধৰ আলেখ-লেখ নিৰীক্ষণ কৰি আছিল। শত্রু সেনা পলাই যোৱা দেখি তেওঁ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে শত্ৰু সেনা পলাই গৈ দিল্লীৰ দুৱাৰ বন্ধ কৰি দিব পাৰে৷ বাধা দিয়া সিহঁতক যাবলৈ নিদিবা, ধৰি পেলোৱা

    বাবৰে এইদৰে চিঞৰিয়ে সম্পৰ্ক ৰক্ষাকাৰী সংবাদবাহকসকলৰ ফালে চালে । তেওঁ দেখিলে, আটায়ে যুদ্ধ কৰাত ব্যস্ত। তেওঁৰ কথা শুনিবলৈ কোনো ওচৰত নাইগতিকে তেওঁ দ্ৰুত অনতিদূৰত ৰৈ থকা তাহিৰ বেগৰ ওচৰলৈ আহিল৷

    বাবৰে তাহিৰলৈ উদ্দেশ্য কৰি ক'লেতাহিৰ বেগ, মই জানিব খুজোঁ- ইব্রাহীম লোডী যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছে, নে এতিয়াও যুদ্ধ ক্ষেত্ৰত ৰৈ আছে? যদি সি যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছে, তেনেহ'লে তাৰ পশ্চাদ্ধাৱন কৰিবলৈ সেনা পঠাওঁক। তাক ধৰি আনক৷

    তাহিৰে আচ্ছন্নৰ দৰে যুদ্ধৰ ৰেহ-ৰূপ চাই আছিল । বাবৰৰ মাতত সম্বিত ঘূৰাই পাই সি পৰ্যবেক্ষকৰ দৃষ্টিত যুদ্ধক্ষেত্ৰলৈ চাই আতংকিত হৈ উঠিল৷ সমগ্ৰ যুদ্ধক্ষেত্ৰ মৰণোন্মুখ প্ৰচণ্ড আৰ্তনাদ আৰু লৰা-ঢপৰামুখৰ৷ শ্বাসৰূদ্ধকাৰী ধোঁৱাৰ আচ্ছাদনে চৌদিশ আৱৰি আছেসামগ্রিকভাবে যুদ্ধক্ষেত্ৰখন তাৰ মনত নৰকসদৃশ অনুমান হ'সি দৃশ্য দেখি আতংকিত হৈ শিয়ৰি উঠিল। নিজৰ দুৰ্বলতা ঢাকিবলৈ কঁপা কঁপা মাতেৰে সি মাথোন আচ্ছন্নৰ দৰে ক'লেআপোনাৰ আদেশ শিৰোধাৰ্য।

    তাহিৰ বেগৰ কথা শেষ হোৱাৰ লগে লগে এজন বার্তাবাহক ঘোঁৰা চেঁকুৰাই বাবৰৰ ওচৰলৈ আহি উল্লসিত কণ্ঠত ক'লেজাহাঁপনা, যুদ্ধত আমাৰ জয় হৈছে। শত্রু সেনা যুদ্ধক্ষেত্ৰ এৰি পলাই আছে।

    ইব্রাহীম লোডীও পলাইছে নেকি ? সংশয়াহত কণ্ঠত বাবৰে সুধিলে ।

    হয় জাহাঁপনা, পলৰীয়া হাতীৰ মাজত তেওঁৰ কলা কাপোৰৰ ঝালৰ দিয়া হাতীটোও দেখিছোঁ। সম্ভৱতঃ তেৱোঁ পলাই গৈছে।

    তাহিৰ বেগ, কাশিমতায় মির্জা ক'?

    চল্লিশ বছৰীয়া বলিষ্ঠ কাশিমতায় আগবাঢ়ি আহি অভিবাদন কৰি থিয় হল।

    বাবৰে কাশিমতায়লৈ উদ্দেশ্য কৰি ক'লেইব্রাহীম লোডী পলাই গৈ যদি আগ্ৰাৰ দুৰ্গত আশ্ৰয় ল'ব পাৰে যুদ্ধ দীঘলীয়া হ'ব। মই বিনাযুদ্ধে আগ্রা দখল কৰিব বিচাৰোঁ। আপুনি এহেজাৰ ইমদাদী সেনা আৰু তাহিৰ বেগৰ অধীনস্থ সেনালৈ শীঘ্ৰে ইব্রাহীম লোডীৰ পশ্চাদ্ধাৱন কৰক। প্রয়োজন হ'লে দিল্লী বা আগ্ৰালৈ গৈ হ'লেও দুৰ্গত আশ্ৰয় লোৱাৰ আগতেই তাক বন্দী অথবা হত্যা কৰিব লাগিবযাওঁক, পলম নকৰিব

    কাশিম তায়ে মুৰদোঁৱাই ক'লেমোৰ জীৱন বিপন্ন কৰি হ'লেও ম‍ই আপোনাৰ আদেশ পালন কৰিম, জাহাঁপনা ।

    কাশিম তায়, বাবা চোহৰা আৰু তাহিৰ বেগে ইব্রাহীম লোডীক বিচাৰি ওলালকিন্তু তেওঁলোকে বহুপৰ বিচাৰিও ইব্রাহীম লোডীৰ সঠিক খবৰ সংগ্ৰহ কৰিব নোৱাৰি বাবৰৰ ওচৰলৈ আহি ক'লেইব্রাহীম লোডী যুদ্ধত নিহত হৈছে, নে জীয়াই আছে কোনেও তাৰ সঠিক তথ্য দিব নোৱাৰিলেকিন্তু এইটো ঠিক যে, তেওঁ পলৰীয়া সেনাৰ মাজত নাই

    ইব্রাহীম লোডীৰ সঠিক সন্ধান উলিয়াব নোৱাৰিলেও যুদ্ধত বাবৰৰ জয় হ'ল৷

    ইব্রাহীম লোডীৰ বহু সেনা পলাই সাৰিল আৰু বহু সেনা বাবৰৰ হাতত বন্দী হ'ল৷

    বিজয়ৰ আনন্দত উল্লসিত হৈ বাবৰে সদলবলে দিল্লী অভিমুখে যাত্রা কৰিলে। যাত্ৰাৰ আগতে তেওঁ কোনো নাগৰিকৰ ওপৰত যাতে জুৰ-জুলুম কৰা নহয় তাৰ বাবে সেনাবোৰক সঁকিয়াই দিলে

 

            বিজয়ৰ আনন্দত উচ্ছ্বসিত হুমায়ুন এদল সেনালৈ সকলোৰে আগত আহি দিল্লী পালেহি।

            হুমায়ুন দিল্লীলৈ আহিয়ে বিনাযুদ্ধে চহৰ আৰু দুৰ্গৰ ওপৰত বিজয় সাব্যস্ত কৰিলে। ইব্রাহীম লোডীৰ দিল্লীস্থিত কোষাগাৰো তেওঁ দখল কৰিলে। তাৰ পাছত তেওঁ হিন্দুবেগক পথ প্ৰদৰ্শক হিচাপে লৈ তিনিশ সেনাৰে সৈতে চহৰ পৰিদৰ্শন কৰিবলৈ ওলাল

    বিশাল অসীম দেশ ভাৰতবৰ্ষবিশাল অসীম তাৰ চহৰ দিল্লী চহৰ। চহৰখন সৰু সৰু টিলাৰে ভৰাতথাপি অপেক্ষাকৃত সমতল। চৌদিশে সেউজৰ সমাহাৰ। আগনন ঘৰ-দুৱাৰ।

    ৰাস্তা প্ৰায় জনশূন্য। দুই-চাৰিজন মানুহহে ৰাস্তাত চলা ফুৰা কৰা দেখা গ'ল। পানীপতৰ যুদ্ধত ইব্রাহীম লোডীৰ পৰাজয়ৰ বাতৰি হয়তো ইতিমধ্যে চহৰখনত প্ৰচাৰ হৈ গৈছিল। ফলত মানুহবোৰে হয়তো বিদেশী আক্রমণকাৰীৰ ভয়ত ঘৰৰ ভিতৰত আশ্ৰয় লৈ দুৱাৰ-খিৰিকীৰ ফাঁকেৰে চহৰৰ আলেখ-লেখ চাই আছিল

    পবিত্ৰ যমুনা নদীৰ পাৰত এদল মানুহ দেখা গ'ল। মৃতকৰ দাহ সংস্কাৰ কৰি আছিল সিহঁতে। সিহঁতৰ ওচৰতে লেলিহান শিখা মেলি চিতাৰ জুই জ্বলি আছিল। মানুহবোৰ দাহ-সংস্কাৰত ব্যস্ত। ইহলোকৰ প্ৰতি সিহঁতৰ মুঠেই ভ্রূক্ষেপ নাছিল। বিদেশী সেনাৰ প্ৰতি লক্ষ্য কৰাৰ মানসিকতা বা অৱসৰো যেন নাছিল সিহঁতৰ৷

    হুমায়ুনে কৌতুহলী দৃষ্টিত হিন্দুবেগলৈ চালে

    হিন্দুবেগে হুমায়ুনৰ মনোভাৱ বুজিব পাৰি কথাটো বুজাই ক'লেহিন্দু প্ৰথামতে মৃতকক চিতাৰ ওপৰত শুৱাই দি ঘৃতাদি ঢালি জুই জ্বলাই দিয়া হয়। জুইৰ দহনত নশ্বৰ দেহ পুৰি ছাই হয়। দেহ পুৰি ছাই হয় আৰু আত্মা পঞ্চভূতত বিলীন হয়ছাইবোৰ প্ৰবাহিত নদীত উটুৱাই দিয়া হয়৷

    হুমায়ুন আহি আহি এখন বজাৰত উপস্থিত হ'ল। কেইজনীমান মহিলা আৰু সৰু ল'ৰা-ছোৱালীক তেওঁ ফুললৈ গৈ থকা দেখিলে। সিহঁতৰ ভৰিবোৰ খালীপকা চুলি আৰু দঢ়িয়া বুঢ়া কেইজনমানো হাতত ফুললৈ গৈ আছিল। তেওঁলোকৰ ভৰিবোৰো খালী। হুমায়ুনৰ কাৰণে সেয়া আছিল এক অভিনৱ দৃশ্য। তেওঁ পুনৰ কৌতুহলী হৈ হিন্দুবেগৰ ফালে প্ৰশ্নবোধক দৃষ্টিত চালে৷

    হুমায়ুনৰ পিচে পিচে আহি থকা হিন্দুবেগে হুমায়ুনৰ দৃষ্টিৰ অৰ্থ বুজিব পাৰি ক'লেচাহজাদা, আমি চহৰৰ এখন ডাঙৰ বজাৰলৈ আহিছোঁ৷

    আজি ঈদ (আনন্দোৎসৱ) নেকি? ইমান ফুললৈ মানুহবোৰ ক'লৈ গৈ আছে? হুমায়ুনে সুধিলে।

    নহয় চাহজাদা, এওঁলোকে ফুললৈ পূজা কৰিবলৈ মন্দিৰলৈ গৈ আছে। এওঁলোকে নিজৰ আৰাধ্য দেৱ-দেৱীৰ ওচৰত মংগলৰ কাৰণে প্ৰাৰ্থনা জনাবহিন্দুস্থানত প্ৰতি মাহতে এনেকুৱা বহু উৎসৱ পালিত হয়।

    আচৰিত দেশ এই হিন্দুস্থান। হুমায়ুনে নিজকে কোৱাদি কলে।

    ৰাস্তাইদি গৈ থাকোঁতে পুৰণি বিশাল ভৱন এটাৰ ছাদৰ ওপৰত দীঘল হাত-ভৰি, দীঘল নেজ আৰু কলামুখৰ বান্দৰ কিছুমান দৌৰ-জাঁপ পাৰি থকা দেখা গ'সিহঁতৰ পোৱালিবোৰৰ কিছুমান ছাদৰ ওপৰত দৌৰ-জাঁপ পাৰি আছিল আৰু কিছুমান ইখন ডালৰ পৰা সিখন ডাললৈ দ্রুত গতিত জঁপিয়াই খেলি আছিলদুই চাৰিটা বান্দৰ ৰাস্তালৈকো নামি আহিছিলকিন্তু বাটৰুৱাবোৰে সিহঁতৰ ওপৰত আকণো গুৰুত্ব দিয়া দেখা নগ'

    সহজ চিকাৰ সন্মুখত দেখি সৈনিক এজনে শৰধনু সাজু কৰি ল'লে। হিন্দুবেগে ব্যগ্ৰভাবে বাধা দি ক'লেবান্দৰ হত্যা মহাপাপ। হত্যাকাৰীৰ বিপদ হোৱাটোও বিচিত্ৰ নহয়

    হিন্দুবেগৰ সোঁফালেদি আহি থকা কলা বেগে হাঁহি হাঁহি ধেমালি কৰি সুধিলেআমি গৰুবোৰকো ৰক্ষণাবেক্ষণ দিয়া উচিত, নে কি কয় আপুনি?

    প্ৰতিটো কষ্টলব্ধ বস্তুক আমি ৰক্ষণাবেক্ষণ দিয়া উচিত। হিন্দুবেগে গম্ভীৰভাবে ক'লেহিন্দুস্থান গ্রীষ্ম প্রধান দেশ। গ্রীষ্ম প্রধান দেশৰ মানুহবোৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কৃষিকৰ্মৰ কাৰণে গৰু অতি প্ৰয়োজনীয় প্ৰাণীগতিকে হিন্দুস্থানত গৰুক মানুহে পূজা কৰেতদুপৰি গৰুৰ পৰা পোৱা পাঁচবিধ বস্তুক মানুহে সন্মান কৰে৷ গতিকে হিন্দু মানুহে গো হত্যাক মহাপাপ বুলি গণ্য কৰে।

    হুমায়ুনে তর্ক সিমানতে সামৰিবলৈ শান্ত সুৰত ক'লেআমি বাদচাহৰ নিৰ্দেশ পাহৰি যোৱাটো উচিত নহ'ব। তেওঁ হিন্দুস্থানৰ প্ৰতিটো ৰীতি-নীতি আৰু পৰম্পৰাক সন্মান প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দি পঠাইছেহিন্দু সম্প্ৰদায়ৰ সন্মান হানি বা মনত আঘাত পাব পৰা যিকোনো আচৰণৰ পৰা আমি বিৰত থাকিব লাগিব।

    খাজা কলা বেগে বুকুত হাত থৈ ক'লেজাহাঁপনাৰ হুকুম শিৰোধাৰ্য৷ মই আচলতে হিন্দুবেগ চাহাবৰ লগত ধেমালিহে কৰি আছিলোঁ৷

    দূৰৈত গছ-গছনিৰ ওপৰেদি ৰ'দৰ পোহৰত জিলিকি থকা গম্বুজ এটাই আটাইৰে দৃষ্টি আকৰ্ষণ কৰিলে। হুমায়ুনে প্রশ্নবোধক দৃষ্টিত হিন্দুবেগলৈ চাই সুধিলেসৌ জিলিকি থকা গম্বুজটো কি?

    হিন্দুবেগে সন্মান সহকাৰে ক'লেসেয়া কুতুব মিনাৰ চাহজাদা। সেয়া দাস বংশৰ চুলতান কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰাইছিল। ই প্ৰায় দুশ বছৰৰ পুৰণি চাহজাদা

'লক, বস্তুটো আমি ওচৰৰ পৰা চাওঁগৈ৷

    তেওঁলোক কুতুব মিনাৰৰ ওচৰলৈ আহিলকুতুব মিনাৰৰ উচ্চতা দেখি আটায়ে অভিভূত হৈ পৰিল৷

    হুমায়ুনে সুধিয়ে পেলালেইমান ওখ! ইয়াৰ উচ্চতা কিমান বেগ চাহাব     হিন্দুবেগে খন্তেক ভাবি ক'লেদুশ পঞ্চাছ ফুট চাহজাদা

    ওপৰলৈ উঠি যোৱাৰ সুবিধা আছে নেকি?

    নিশ্চয় আছেএকেবাৰে ওপৰ মহলালৈকো উঠি যাব পাৰি। ওপৰ মহলাৰ পৰা সমগ্ৰ দিল্লী চহৰখন ভালদৰে দেখা যায়।

    হুমায়ুনে ঘোঁৰাৰ পৰা নামি সেনাবোৰকলৈ ওপৰ মহলালৈ উঠি আহিল

    কুতুব মিনাৰৰ ওপৰৰ পৰা হুমায়ুনে চাৰিওফালে চকু ফুৰালেমিনাৰৰ পৰা কিছু আঁতৰত অৱস্থিত কলা স্তম্ভ এটাৰ চাৰিওফালে ভিৰ কৰি থকা মানুহ কিছুমানৰ ওপৰত তেওঁৰ চকু গ'তেওঁ কৌতুহলী হৈ সুধিলেচাৰিওফালে বহু মানুহে ভিৰ কৰি থকা কলা সৌটো কি?

সেইয়া লোৰে নির্মিত স্তম্ভ (স্তম্ভটোৰ উচ্চতা ২৩ ফুট ইঞ্চি(.২১ মিটাৰ ব্যাস ১৬ ইঞ্চি(৪১ ছেণ্টিমিটাৰ) স্তম্ভটো চন্দ্রগুপ্ত মৌর্য-২য় ই (৩৭৫-৪১৫) খ্রীষ্টপূর্বত নির্মাণ কৰাইছিল স্তম্ভটো কুতুব মিনাৰ কমপ্লেক্সত মেহৰুলিতে অবস্থিত)) শুনামতে সেয়া ছশ বছৰৰ পুৰণি। কথিত আছে, খুঁটাটোত পিঠি লগাই থিয় হৈ পাচফালে হাত মেলি ইখন হাতৰ আঙুলিৰে সিখন হাতৰ আঙুলি স্পৰ্শ কৰিব পাৰিলে সেই মানুহজন খুবেই ভাগ্যশালী। তেওঁৰ সকলো মনোবাঞ্ছা পূর্ণ হয় হেনো!

    হুমায়ুনে অতি মনোযোগেৰে হিন্দুবেগৰ কথা শুনি যুৱক সুলভ উৎসাহ প্ৰদৰ্শন কৰি কলে- বলক, আমিও আমাৰ ভাগ্য পৰীক্ষা কৰি চাওঁগৈ৷

    তেওঁলোক মিনাৰৰ পৰা নামি কলা খুঁটাটোৰ ওচৰলৈ আহিলঅস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত সেনা দেখি ভিৰ কৰি থকা মানুহবোৰে বাট এৰি দিলে

    হুমায়ুনে হিন্দুবেগলৈ উদ্দেশ্য কৰি ক'লেবেগ চাহাব, আপুনি অকণমান দেখুৱাই দিয়কচোন কেনেকৈ স্পৰ্শ কৰিব লাগিব

    স্তম্ভটোৰ ওপৰ আৰু তলৰ অংশ কলাঅসংখ্য পিঠি আৰু হাতৰ ঘঁহনি খাই মাজ ডোখৰৰ ৰং উৱলি গৈ তৰোৱালৰ ফলকৰ দৰে উজ্জ্বল হৈ পৰিছিল। তাত সূৰ্যৰ পোহৰ পৰি চিকমিকাই আছিল।

    হিন্দুবেগে স্তম্ভটোত পিঠি লগাই থিয় হৈ পাচফালে হাত প্ৰসাৰিত কৰি ইখন হাতৰ আঙুলিৰে সিখন হাতৰ আঙুলি স্পৰ্শ কৰিবলৈ চেষ্টা চলাই বিফল হ'ল। তেওঁৰ ব্যৰ্থতাত উপস্থিত সেনাবোৰে হাঁহি দিলে।

    হুমায়ুনেও হাঁহিত যোগ দি হাঁহি হাঁহিয়ে স্তম্ভত পিঠি লগাই থিয় হৈ পাচফালে হাত মেলি আঙুলি স্পৰ্শ কৰিবলৈ চেষ্টা চলালে। কিন্তু তেৱোঁ বিফল হ'ল। তেওঁৰ পাছত আন আন সেনাবোৰে চেষ্টা কৰিও কামটো কৰিবলৈ বিফল হ'অৱশেষত দীঘল হাতৰ চমৰকন্দী সেনা এজনে কামটো কৰিবলৈ সক্ষম হ'ল। হুমায়ুনে লগে লগে সেনাজনক এমুঠি ৰূপৰ মুদ্রা উপহাৰ দিলে

    হুমায়ুনৰ বাহিৰেও আন বহুতো সৰু সৰু গোটৰ সেনা নায়কে নিজৰ অধীনস্থ সেনালৈ দিল্লী চহৰ চাবলৈ ওলাইছিল। তেনেকুৱা এটি গোটৰ সেনা নায়ক আছিল ইয়াৰ হুছেন। ইয়াৰ হুছেন লোভী আৰু নিষ্ঠুৰ প্ৰকৃতিৰ লোক আছিল। চহৰ চোৱাতকৈ লুট-পাতৰ প্ৰতিহে তাৰ বেছি ধান্দা আছিলহিন্দুৰ মন্দিৰত অসংখ্য ধন-সোণ। দেৱী-দেৱীও মহা মূল্যবান ৰত্নৰে সজ্জিত৷ গতিকে সি ধন-সোণৰ লোভ সামৰিব নোৱাৰি লুট-পাতৰ উদ্দেশ্যে এটা মন্দিৰৰ ওপৰত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে আগবাঢ়িল

    মন্দিৰৰ দেৱালত বগা মাৰ্বল পাথৰ লগোৱাসূৰ্যৰ কিৰণ পৰি বগা দেৱালবোৰ জিলিকি আছিলমন্দিৰৰ বৰ্হিভাগৰ চাক্‌চিক্যই অন্তৰ্ভাগৰ ঐশ্বৰ্য- বিভূতিৰ কথা ঘোষণা কৰি আছিল।

    ইয়াৰ হুছেনে দলবললৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিল

    মন্দিৰৰ বেদীত স্থাপন কৰা আছিল ভগৱান কৃষ্ণৰ বিশাল মূর্তি। মূৰ্তিৰ সন্মুখত ধ্যান মগ্ন হৈ থিয় দি আছিল এজন বৃদ্ধ পূজাৰী। তেওঁৰ হাত দুখন যোৰহাত কৰা আৰু চকুত চকুলো। অগণন স্ত্ৰী-পুৰুষ, বৃদ্ধ-যুবা আৰু সৰু সৰু ল'ৰা-ছোৱালী নৈস্বর্গিক আনন্দত মগ্ন হৈ মূৰ্তিৰ সন্মুখত নতমস্তকত ধ্যানমগ্ন হৈ থিয় দি আছিলবাহ্যিক জগতৰ প্ৰতি যেন কাৰো অকণো ভ্রূক্ষেপ নাছিল। আটায়ে ধ্যানস্থ হৈ আছিল৷

    ইয়াৰ হুছেন দলবললৈ মন্দিৰৰ ভিতৰত প্ৰবেশ কৰিয়ে লগৰীয়াসকলক নির্মম আদেশ দিলেছেদেলি-ভেদেলি কৰি দিয়া এই ভূত পূজকবোৰক৷ আদেশ দিয়ে ইয়াৰ হুছেনে ভক্তসকলক ঠেলি-হেঁচি বগৰাই পেলাই মূৰ্তিৰ ফালে আগবাঢ়ি গ'ল৷ সি মূৰ্তিৰ গাৰ পৰা ৰত্নালংকাৰ খুলিবলৈ হাত মেলোঁতেই দুৱাৰ মুখৰ পৰা কোনোবাই চিঞৰি ক'লেমহামান্য বাদচাহৰ নামত আদেশ দিছোঁ, সাৱধান মূৰ্তিৰ গাত হাত নিদিবা৷ ওলাই আহা৷

    মন্দিৰৰ অস্পষ্ট পোহৰত ইয়াৰ হুছেনে আগন্তুকক চিনিব নোৱাৰিলে। সি অৱজ্ঞাৰ সুৰত ক'লেকোনে চিঞৰিছা ? কিয় তয়ো ভূত পূজক নেকি ? এইদৰে কৈয়ে সি লগৰীয়া কেইজনক আদেশ দিলেমণি, মুকুতা, সোণ-ৰূপ মূৰ্তিৰ গাৰ পৰা সোলোকাই নিয়া৷

    ইয়াৰ হুছেনৰ নিৰ্দেশত সেনা এজনে মূৰ্তিৰ গাৰ পৰা অলংকাৰ খুলিবলৈ হাত মেলিলে। লগে লগে আগন্তুকে সৈনিকজনৰ হাত লক্ষ্য কৰি শৰ এৰিলে৷ শৰ গৈ সৈনিকজনৰ হাতত বিদ্ধ হ'ল। সৈনিকজন ব্যথাত আর্তনাদ কৰি উঠিল৷ ইয়াৰ হুছেনে কাল বিলম্ব নকৰি খাপৰ পৰা তৰোৱাল উলিয়াই ল'লে৷ ক'লেকোন তই বেকুফ (বুৰ্বক)? এইদৰে কৈয়ে সি দ্রুত আগন্তুকৰ ফালে আগবাঢ়িল

    হিন্দুবেগেও দ্রুত খাপৰ পৰা তৰোৱাল উলিয়াই ইয়াৰ হুছেনক বাধা দিবলৈ আগবাঢ়ি আহিলসাৱধান ইয়াৰ হুছেন, তোমাৰ সন্মুখত স্বয়ং চাহজাদা হুমায়ুন থিয় দি আছে

    হতচকিত হৈ ইয়াৰ হুছেনে দুৱাৰৰ ফালে চালে। দুৱাৰ মুখত হুমায়ুনক থিয় দি থকা দেখি সি ভয়ার্ত ও আতংকিত কণ্ঠত ক'লেক্ষমা কৰিব চাহজাদা, মই আপোনাক চিনিব পৰা নাছিলোঁ। ইয়াৰ হুছেনে এইদৰে কথা কেইটা কৈ দুখোজনমান পিচুৱাই গ'ল৷

    তৰোৱালখন মোক দিয়ক। হুমায়ুনে গুৰু গম্ভীৰ কণ্ঠত আদেশ দিলে।

    চাহজাদা, মই আপোনাৰ দেউতাকৰ বিশ্বাসী খেদমতগাৰ (সেৱক)।

    কিন্তু আপুনি সেই বিশ্বাস ভংগ কৰিছে। আপুনি লুটপাত আৰু মন্দিৰৰ পবিত্ৰতা নষ্ট নকৰে বুলি বাদচাহৰ আগত প্ৰতিজ্ঞা কৰিছিলআপুনি বাদচাহৰ আগত কৰা সেই প্রতিজ্ঞা পাহৰি পবিত্ৰ গৃহত তৰোৱাল কোষমুক্ত কৰি মহাপাপ কৰিছে। এনেকি আপুনি পবিত্র উপাসনা গৃহতো লুটপাত কৰিবলৈও ভয় কৰা নাই। আপুনি ইমান লোভী কিয় বেগ? এইসকল মানুহ....... হুমায়ুনে স্তম্ভিত হৈ থিয় দি থকা মানুহবোৰলৈ আঙুলিয়াই ক'লেএওঁলোক আমাৰ শত্ৰু নহয়বর্তমান এওঁলোক আমাৰ আপোন মানুহএওঁলোকে ইষ্ট দেৱতাৰ ইবাদত (উপাসনা) কৰি আছিল আৰু আপুনি এওঁলোকৰ ওপৰত জুৰ-জুলুম কৰিবলৈ ওলাইছিল৷ আমি হিন্দুস্থানলৈ লুট-পাতৰ কাৰণে অহা নাইআমি ইয়ালৈ আহিছোঁ সাম্ৰাজ্য বিস্তাৰ কৰি ইব্রাহীম লোডীৰ হাতৰপৰা শোষিত, অত্যাচাৰিত মানুহবোৰক ৰক্ষা কৰাৰ কাৰণে। ইব্রাহীম লোডীৰ দৰে এজন লোভী, অত্যাচাৰী শাসকেও হিন্দুৰ দেৱ-দেৱীৰ গাৰ পৰা সোণ, হীৰা, মুকুতা আঁজুৰি নিবলৈ সাহস কৰা নাছিল; কিন্তু আপুনি তাকেই কৰিবলৈ ওলাইছিল। এয়া আমাৰ কাৰণে অতি পৰিতাপৰ কথা। হিন্দুৰ পবিত্ৰ মন্দিৰত প্ৰবেশ কৰি শান্তি ভংগ কৰি আপুনি বাদচাহৰ সুনাম নষ্ট কৰিছে। ইয়াৰ সমুচিত শাস্তি আপুনি পাবই লাগিব। এইদৰে কৈয়ে হুমায়ুনে দেহৰক্ষী সেনাবোৰলৈ চাই কঠোৰ নিৰ্দেশ দিলেএওঁৰ হাতৰ পৰা তৰোৱাল কাঢ়ি লোৱা। এওঁক এওঁৰ সহযোগীৰে সৈতে কাল-কুঠুৰী (বন্দীশাল)ত বন্দী কৰি থৈ দিয়াগৈ। এওঁলোকক চাই আমাৰ অন্যান্য সেনাই শিক্ষা লওঁক৷

    আদেশ পোৱাৰ লগে লগে এদল সেনাই ইয়াৰ হুছেন আৰু তাৰ সহযোগী সেনাবোৰৰ হাতৰ পৰা তৰোৱাল কাঢ়ি নি মন্দিৰৰ বাহিৰলৈ উলিয়াই লৈ গ'ল। হুমায়ুনে হিন্দুবেগৰ দো-ভাষীৰ জৰিয়তে পূজাৰী আৰু উপস্থিত ভক্তসকলক সম্বোধন কৰি ক'বলৈ ধৰিলে মহামান্য বাদচাহৰ হৈ মই আপোনালোকক জনাব খুজোঁ যে, আমি আপোনালোকৰ শত্ৰু নহওঁ। আমাৰ ধৰ্ম বেলেগ বেলেগ হ'লেও মানুহ হিচাপে আমাৰ মাজত কোনো পার্থক্য নাইআমি সকলোকে একেজন স্ৰষ্টাৰে সৃষ্টি বুলি ভাবোঁ। আমাৰ মচজিদ আপোনালোকৰ মন্দিৰআমি নামাজ পঢ়োঁআপোনালোকে পূজা কৰেউপাসনাৰ ৰীতি-নীতি বেলেগ হ'লেও উভয়ৰে উদ্দেশ্য কিন্তু একেটাই। সৃষ্টিকৰ্তাৰ অনুগ্রহ ও মংগল কামনাগতিকে আমি আটায়ে আপোনালোকৰ দেৱ-দেৱী আৰু উপাসনা গৃহক সন্মান কৰোঁআমি সৎ উদ্দেশ্য লৈ হিন্দুস্থানলৈ আহিছোঁ। আমি আপোনালোকৰ লগত লগলাগি মহান ভাৰত গঢ়িব খুজোঁ। মহান ভাৰতত আমি বোৱাই দিব খুজোঁ শান্তি আৰু আনন্দৰ লহৰআপোনালোকৰ সহযোগিতা পালেহে সেই উদ্দেশ্য সফল কৰা সহজ হ'ব। আমি নিজ ইচ্ছাত হিন্দুস্থানলৈ অহা নাই। ইব্রাহীম লোডীৰ শাসন শোষণত জৰ্জৰিত মানুহ কিছুমানে আমাক হিন্দুস্থানলৈ আমন্ত্ৰণ কৰি আনিছেআমালোকৰ হৈ পানীপতৰ যুদ্ধত অস্ত্ৰধাৰণ কৰা এই হিন্দুবেগ চাহাবেই ইয়াৰ প্রকৃষ্ট উদাহৰণ। হুমায়ুনে শেষৰ কথাফাকি হিন্দুবেগলৈ আঙুলিয়াই ক'লে।

    হিন্দুবেগৰ জৰিয়তে অনুবাদ কৰি শুনোৱা কথাবোৰ সমবেত জনতাই গভীৰ মনোযোগেৰে শুনি সহমতত মূৰ জোকাৰিলে

    ভাষণ সমাপ্ত কৰিয়ে হুমায়ুন দল-বল লৈ মন্দিৰ চৌহদৰ ওলাই আহিল

    হুমায়ুন গুচি অহাৰ পাছত পূজাৰীগৰাকী পুনৰ মূৰ্তিৰ সন্মুখত হাতযোৰ কৰি থিয় হৈ আসন্ন বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে দেৱতাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলে। পূজাৰীৰ চকুৰ পৰা লোতক বাগৰি আহি তেওঁৰ বুকু স্পৰ্শ কৰিলে

 

    হিন্দুবেগ আৰু খাজা খলিফাৰ বুজনিত দিল্লীৰ মৃত সম্ৰাট ইব্রাহীম লোডীৰ মাতৃ বৈদা চুলতানাই অৱশেষত আগ্ৰাৰ প্রাসাদ এৰি আহিবলৈ সন্মত হ'ল। বাবৰে দিল্লীৰ সিংহাসন দখল কৰাৰ পাছতো আগ্ৰাৰ প্রাসাদ এৰি দিবলৈ সন্মত হোৱা নাছিল বৈদা চুলতানাইআঁকোৰগোজ মনোভাবেৰে তাই বহুদিনলৈকে আগ্ৰাৰ প্রাসাদত ৰৈ আছিলমাতৃস্থানীয়া বুলি বাবৰেও তাইক জুৰ-জুলুম কৰি প্রাসাদৰ পৰা আঁতৰাই পঠাবলৈ টান পাইছিলগতিকে বাবৰে বৈদা চুলতানাক বুজাই-বঢ়াই আগ্ৰাৰ প্রাসাদ এৰি আহিবলৈ সন্মত কৰোৱাৰ কাৰণে হিন্দুবেগ আৰু খাজা খলিফাক নিয়োগ কৰিছিল

    পানীপতৰ যুদ্ধত ইব্রাহীম লোডীৰ দুৰ্ভাগ্যজনক মৃত্যুত মৰ্মাহত হৈ বৈদা চুলতানাই শোকবস্ত্ৰ পৰিধান কৰি আছিলশোকবস্ত্ৰ পৰিধান কৰিয়ে তাই প্রাসাদৰ পৰা ওলাই আহিল ।

    বৈদা চুলতানাক বাবৰৰ সন্মুখত হাজিৰ কৰোৱা হ'ল। বৈদা চুলতানাই আগ্ৰা দুৰ্গৰ চাবিকোছা বাবৰলৈ আগবঢ়ালে। চাবিকোছা হাত বঢ়াই লোৱাৰ সময়ত বাবৰে তাইৰ চকুৰ পৰা লোতক বাগৰি থকা লক্ষ্য কৰিলে। বৈদা চুলতানাৰ বহল কপালত যোৰ ভ্ৰূ দেখি বাবৰ চমকি উঠিল। বাবৰৰ অনুমান হ', তেনেকুৱা বহল ওখ কপাল আৰু যোৰ ভ্ৰূ যেন তেওঁ ক'ৰবাত দেখিছে!

বাবৰে মনত পেলাবলৈ চেষ্টা চলালে তেনেকুৱা যোৰ ভ্ৰূ তেওঁ কত দেখিছে! হঠাৎ তেওঁৰ পানীপত যুদ্ধৰ কথা মনত পৰি গ'ল।

    বাবৰৰ আদেশত হাজাৰ হাজাৰ মৃতদেহৰ মাজৰ পৰা ইব্রাহীম লোডীৰ মৃতদেহ বিচাৰি উলিওৱা হৈছিল। পৰম্পৰা অনুসৰি ইব্রাহীম লোডীৰ মূৰ কাটি বৰ্শাত বিদ্ধ কৰি বাবৰৰ সন্মুখত হাজিৰ কৰা হৈছিল। সেই বর্শাবিদ্ধ উন্নত কপালত আৰু বহল মূৰটোতো যোৰ ভ্ৰূ আছিল। বৈদা চুলতানাৰ কপালত যোৰ ভ্ৰূ দেখি বাবৰৰ এনেকুৱা অনুমান হ',  ইব্রাহীম লোডী যেন মাকৰ ৰূপত পুনৰ বিজেতাৰ সন্মুখত উপস্থিত হৈছেহি

    গর্বিতা ও উদ্ধত মহিলাৰ ফালে চাই বাবৰে শ্ৰদ্ধা মিহলি ব্যাকুলতা অনুভৱ কৰিবলৈ ধৰিলে৷ সেয়ে তেওঁ শান্ত ধীৰ কণ্ঠত সুধিলেসন্মানীয়া মাতৃ, আপোনাৰ কোনো কথা ক'বলৈ আছে নেকি?

    বৈদা চুলতানাই চকুপানী মচি বিৰক্তি ভৰা কণ্ঠত ক'লেমোক যাতে আৰু কষ্ট দিয়া নহয়

    বাবৰে নিজৰ সভাসদসকললৈ উদ্দেশ্য কৰি ক'লেআপোনালোকে এই মাতৃস্থানীয়া ভদ্র মহিলাক নিজৰ মাকৰ দৰে সন্মান কৰিব

    সভাসদসকলে বাবৰৰ এই নিদেৰ্শৰ প্ৰতি স্বীকৃতিসূচক মূৰ দুপিয়ালে

    বৈদা চুলতানায়ো কৃতজ্ঞতাত বাবৰৰ প্ৰতি মূৰ দোঁৱালে। তাইৰ লোতকেৰে সিক্ত চকুত ঘৃণাৰ অভিব্যক্তি ফুটি উঠিল যদিও বাবৰ বা সভাসদসকলৰ চকুত পৰাৰ আগতেই সেই অভিব্যক্তি তৎক্ষণাৎ বিলীন হৈ গ'ল৷

    বাবৰে বৈদা চুলতানাক ৰাজপ্রাসাদৰ পৰা অলপ নিলগত এটি প্রাসাদত থকাৰ ব্যৱস্থা কৰি দিলে

    বৈদা চুলতানাই বাবৰক কৃতজ্ঞতা জনাই তাতে আশ্ৰয় ল'লে

    পানীপত যুদ্ধৰ নিৰ্মম পৰাজয় আৰু ইব্রাহীম লোডীৰ মৃত্যু সংবাদ শুনি মূৰত আকাশ ভাঙি পৰাৰ দৰেই বৈদা চুলতানাৰ মনত অনুমান হৈছিল। মৃত পুতেকক দুচকুৰে চাই নিজহাতে কবৰ দি তাৰ সমাধিৰ ওপৰত শোকাশ্রু পেলাই মনক শান্ত্বনা দিয়াৰ কাৰণে তাইৰ প্ৰবল ইচ্ছা গৈছিল। কিন্তু তাইৰ সেই ইচ্ছা সফল কৰা সম্ভৱ নাছিলকাৰণ প্ৰচণ্ড গতিত ঘোঁৰা চেঁকুৰাই গ'লেও আগ্ৰাৰ পৰা পানীপত তিনি দিনৰ বাটগতিকে তাই পানীপতলৈ পঠোৱা বিশ্বস্ত ব্যক্তিসকল যুদ্ধ সমাপ্ত হোৱাৰ এসপ্তাহ পাছতহে যুদ্ধক্ষেত্ৰ গৈ পাইছিল। তেতিয়া কিছু কিছু মৃত দেহ কবৰ দিয়া হৈ গৈছিল আৰু কিছু কিছু মৃতদেহ শিয়াল, শগুণৰ আহাৰ হৈ গৈছিল। বৈদা চুলতানাই পঠোৱা মানুহবোৰে ইব্রাহীম লোডীৰ মৃতদেহ বিচাৰি পোৱা নাছিল। যুদ্ধ সমাপ্ত হোৱাৰ পাছত মৃত ইব্রাহীমৰ দেহৰ পৰা মূৰ কাটি বৰ্শাবিদ্ধ কৰি বাবৰক দেখুৱা হৈছিল বুলিহে মাথোন সিহঁতে লোকমুখে শুনি খবৰটো আহি বৈদা চুলতানাক জনাইছিল

    পুতেকৰ মৃতদেহৰ দুৰ্গতিৰ কথা শুনি বৈদা চুলতানাৰ হৃদয় প্রচণ্ড শোকত জৰ্জৰিত হৈ পৰিছিল। হাজাৰ হাজাৰ কটাৰিৰ খোঁচে যেন তাইৰ হৃদয় ক্ষত-বিক্ষত কৰি পেলাইছিল। তাই মনে মনে আক্ষেপ কৰি কৈছিলহায় ইব্রাহীম! এই পৃথিবীত তোৰ এটা সমাধি চিহ্নও নাথাকিল৷ তোৰ প্ৰাণহীন দেহাও সিহঁতে মোৰ পৰা কাটি নিলে। তাই পাঁচ ওৱাক্ত নামাজ পঢ়ি আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছিলহে আল্লাহ, বাবৰো যেন মোৰ পুতেকৰ দৰে মৰে। যিয়ে মোৰ বাচাক হত্যা কৰিছে, তাৰ যেন মোৰ পুতেকতকৈও হাজাৰ গুণে ভয়ানক মৃত্যু হয়

    বৈদা চুলতানাৰ পৰিচাৰিকা, চাকৰণী আৰু আত্মীয়-স্বজনে চহৰত শুনা কিছুমান মুখ বাগৰা খবৰকৈ শোক সন্তপ্ত বৈদা চুলতানাক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল।

    ঘাঁহৰ অভাৱত বাবৰৰ অশ্বাৰোহীবোৰে খেতি পথাৰৰ শস্যাদি ঘোঁৰাক খুওৱাৰ বাবে কৃষকসকলে বিদ্ৰোহ কৰি কুঠাৰ আৰু দাৰে ঘপিয়াই বহুতো বিদেশী সেনা হত্যা কৰিছেএয়াও প্ৰচাৰ হৈ আছিল যে, ঠাণ্ডা আৱহাওৱাত অভ্যস্ত সেনা আৰু ঘোঁৰাই অসহ্য গৰম সহ্য কৰিব নোৱাৰি দলে দলে মৰি আছে। প্লেগ, মহামাৰী আৰু জ্বৰ হৈও বহুতো বিদেশী মৰি আছে। এইদৰে নানা উৰা বাতৰি প্ৰতিদিনে প্ৰচাৰ হৈ আছিল আৰু বৈদা চুলতানাৰ হিতাকাংক্ষীসকলে সেইবোৰ বাতৰি কৈ বৈদা চুলতানাক আঁভুৱা-ভাৰি আছিল। বৈদা চুলতানায়ো সেইবোৰ বিশ্বাস কৰি আত্মতৃপ্তি লভি আছিল৷

    এইবোৰ উৰা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ বৈদা চুলতানাই সিদ্ধান্ত লৈ বাবৰৰ দৰবাৰত কাম কৰি থকা মৃত ইব্রাহীম লোডীৰ পুত্ৰ বাহাদুৰক মাতি পঠিওৱাৰ সিদ্ধান্ত ল'লেএনেয়ে সাক্ষাৎ কৰিবলৈ নিদিব পাৰে বুলি ভাবি তাই তাইৰ বেমাৰ হোৱা বুলি বাহাদুৰলৈ চিঠি লিখি পঠিয়ালে।

    সপ্তদশবর্ষীয় বাহাদুৰ চুলতান ফাৰ্চী আৰু সংস্কৃত ভাষা ভালদৰে জ্ঞাত আছিলসেয়ে বাবৰে তেওঁক অত্যাৱশকীয় দলিল অনুবাদ কৰাৰ দায়িত্ব প্ৰদান কৰিছিল৷ বাবৰৰ বেলেগ অনুবাদকো আছিল গতিকে তেওঁক বেছি কামৰ বোজা জাপি দিয়া নাছিলফলত তেওঁ যথেষ্ট অৱসৰ পাইছিল; কিন্তু তেওঁ সেই অৱসৰ সময় ইচ্ছামতে উপভোগ কৰিব নোৱাৰিছিল। কেইদিনমান পূৰ্বৰ শত্ৰুৰ পুতেক হোৱা হেতুকে কোনোবাই অপমান কৰিব পাৰে বুলি ভাবি বাবৰে তেওঁৰ ওপৰত সততে চকু ৰখাৰ ব্যৱস্থা কৰিছিলতেওঁৰ ইচ্ছামতে প্রাসাদৰ বাহিৰলৈ যোৱাৰ বাবেও অনুমতি নাছিল।

    বৈদা চুলতানাৰ পৰা অহা চিঠিখন পোনে পোনে বাহাদুৰৰ হাতত নিদি উজীৰ-এ-আজম দুলহায়ে প্রথমতে পঢ়ি চালেবৈদা চুলনাতাৰ বেমাৰ হোৱা বুলি জানি দুলহায়ে বাহাদুৰক আবুয়েকৰ লগত সাক্ষাৎ কৰিবলৈ অনুমতি দিলে। বাহাদুৰৰ লগত সদায় থকা দেহৰক্ষী চিপাহী দুজনো বাহাদুৰৰ লগত দিলে আৰু সেইদিনাই প্রাসাদলৈ উভতি অহাৰ বাবেও নির্দেশ দি পঠালে

    বেমাৰীৰ ভাওজুৰি পৰি থকা বৈদা চুলতানাই বাহাদুৰক শয়নকক্ষলৈ মাতি পঠিয়ালে। বাহাদুৰে শয়নকক্ষত প্ৰবেশ কৰি শোকাভিভূতা আবুৱেকক বিছনাত নিশ্চল হৈ শুই থকা দেখিলে৷

    বাহাদুৰক দেখি বৈদা চুলতানাই গাৰুত ভেজা দি উঠি বহিল আৰু বাহাদুৰকো নিজৰ বিছনাত বহিবলৈ ইংগিত দিলে।

    বৈদা চুলতানাই বাহাদুৰৰ ঘামসিক্ত মুখমণ্ডললৈ চাই খন্তেক মনে মনে থাকি সুধিলেবিদেশীবোৰে আমাৰ ইয়াৰ গৰম সহ্য কৰিব নোৱাৰা কথাটো সঁচা নেকি? শুনি আছোঁ, গৰমত হেনো সিহঁতৰ বহু মানুহ মৰি আছে।

    হয়, কিছু মানুহ অৱশ্যে মৰিছে। বাহাদুৰে ভীত সন্ত্ৰস্ত সুৰত উত্তৰ দিলে।

    সিহঁতৰ বহুতেই হেনো কৈ আছে, সিহঁতে হেনো হিন্দুস্থানত নাথাকে, নিজৰ ঠাণ্ডা দেশলৈ গুচি যাব ?

    সিহঁতৰ বাদচাহে সিহঁতক কেতিয়াও তেনে কাম কৰিবলৈ নিদিয়ে। সৰহ সংখ্যক বিদেশীয়েই বাদচাহৰ কথা মানি চলে। তেওঁ নিজৰ যুক্তি সিদ্ধ কৰাতো সিদ্ধহস্ত। তেওঁৰ মনভুলোৱা মিঠা কথাৰো তুলনা নাই। হিন্দুস্থানৰ পৰা গুচি যাব খোজা সেনাবোৰক নিজৰ প্রাসাদলৈ মাতি নি তেওঁ উপদেশ দিয়াৰ পাছত এতিয়া আটায়ে চুপ মাৰি গৈছে। বাহাদুৰে ভয়ে ভয়ে কথাবোৰ ক'লে৷

    তুমি তোমাৰ পিতৃহন্তাৰ প্ৰশংসা কৰিছা ?

    বাহাদুৰে দুৱাৰমুখৰ ফালে সচকিত দৃষ্টি বোলালে

    বৈদা চুলতানাই পুনৰ ফুচফুচাই ক'লেতোমাৰ ওপৰত চকু ৰাখে নেকি ?

    হয়, বাহাদুৰেও আবুৱেকৰ দৰে ফুচফুচাই ক'লেমই কাৰো লগত অকলে থাকিব বা কথা পাতিব নোৱাৰো। ৰখীয়াবোৰে সদায় মোক আগুৰি থাকে আৰু মোৰ কথাবোৰো লুকাই-চুৰকৈ শুনি থাকে। মই কিবা আপত্তিজনক কাম কৰিলেই সিহঁতে বাদচাহক জনাই দিবহি

    চিন্তা নকৰিবা। ইয়াত আমি দুজনৰ বাহিৰে কোনো নাই। বিদেশীৰ প্রাসাদত আগতে আমাৰ সেৱাত নিযুক্ত থকা কোনো বিশ্বাসী মানুহ থকা বুলি তুমি জানা নেকি?

    হয় আছে। মালিক দাদ কাৰাণী আৰু আমাৰ লাইব্ৰেৰীৰ দায়িত্বত থকা আলিম চাহাব আছে। বাদচাহ বাবৰে আমাৰ ফলীয়া মানুহখিনিক তেওঁৰ ফলীয়া কৰাৰ কাৰণে অহৰহ চেষ্টা চলাই আছেহিন্দু-মুছলমানৰ অন্তৰ জয় কৰাৰ কাৰণেও তেওঁৰ চেষ্টাৰ অন্ত নাই। আমাৰ খানচামাসকলৰ চাৰিজনক বাদচাহে নিজৰ খানচামা কৰিও ৰাখিছে।

    ভাল বাৰু। বৈদা চুলতানা উৎসাহিত হৈ উঠিলসিহঁতে ৰন্ধা আহাৰ তেওঁ খায় নেকি?

    খায় বুলি শুনিছোঁ । তেওঁ হেনো হিন্দুস্থানী খানচামাৰ খুউব প্রশংসাও কৰে

    বৰ ভাল কথা। বৈদা চুলতানাই স্ফূৰ্তিত পালেঙৰ পৰা নামি পৰিলতাইৰ অন্তৰত প্ৰতিশোধ স্পৃহা প্ৰবল হৈ উঠিল আৰু প্ৰতিশোধ স্পৃহা কেনেকৈ চৰিতাৰ্থ কৰিব পাৰে তাৰো সিদ্ধান্ত তাই লৈ পেলালেকথাটো ভাবোঁতেই যেন তাইৰ দেহত নতুন উদ্যম আৰু শক্তি সঞ্চাৰ হ'ল। যদি বাবৰক একেবাৰে শেষ কৰিব পৰা যায়......... তেনেহ'লে নিশ্চয় তেওঁৰ অনুগত মানুহবোৰ ইয়াৰ পৰা গুচি যাবগৈ। অন্ততঃ এজন খানচামাক হাত কৰিব পাৰিলেই তাই নিজৰ অভীষ্ট লক্ষ্যত উপনীত হ'ব পাৰিব বুলি তাই মনতে ভাবিলে।

    বৈদা চুলতানাই বাহাদুৰৰ কাণৰ গুৰিলৈ মুখ আনি লাহে লাহে সুধিলেতুমি খানচামা কেইজনক নিজেই দেখিছা নেকি?

    হয়, দেখিছোঁ। বাহাদুৰে স্বীকৃতিসূচক মূৰ দুপিয়াই ক'লে

    সিহঁতৰ মাজত আহম্মদ আছে নেকি?

    বাহাদুৰে আবুৱেকৰ কথাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰি ক'লেনাই। সি আগ্ৰালৈ গুচি গৈছে। কিন্তু আহম্মদক দি কি কৰিব আপুনি?

    এইদৰে কৈ বাহাদুৰে ভয়ার্ত দৃষ্টিত দুৱাৰৰ ফালে চালে। বৈদা চুলতানাই মিচিকিয়াই হাঁহি মনে মনে ভাবিলেমোৰ নাতিজন নির্বোধ! তদুপৰি এওঁৰ ওপৰত আটায়ে চকু ৰাখে। হঠাৎ যদি এওঁ এই গোপন পৰিকল্পনা সদৰি কৰি দিয়ে তেনেহ'লে ইতো মৰিবই লগতে মোৰ প্ৰচেষ্টাও ব্যৰ্থ হৈ যাব। কোনো পৰিস্থিতিতে এওঁক এই বিপদসংকুল পৰিকল্পনাৰ কথা জনোৱাটো উচিত নহ'

    বৈদা চুলতানাই পুনৰ বেমাৰীৰ ভাওঁজুৰি কেঁকাই-গেঁথাই ক'বলৈ ধৰিলেএই পৃথিবীখন কেনে বিচিত্র ! যিবোৰ মানুহ এদিন আমাৰ আজ্ঞাধীন আছিল বৰ্তমান সিহঁতেই আমাৰ শত্ৰুৰ সেৱা কৰি আছে! মালিক দাদ কাৰাণী, খানচামা আৰু অন্যান্য মানুহ আমাৰ দুৰ্ভাগ্য দেখি শত্ৰুৰ ওচৰলৈ গুচি গৈছে। মোৰ অন্তৰ শোকত বিহ্বলদেহা শোকত বিকল; কিন্তু তুমি........ যোৱা তুমি শত্ৰুৰ সেৱা কৰি থাকাগৈ.........কিন্তু দেউতাৰাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ কথা ভুলতো পাহৰি নাযাবা

    আবুৱেকৰ পৰা বিদায় লৈ বাহাদুৰ কক্ষৰ পৰা ওলাই আহিল

    বাহাদুৰ কক্ষৰ পৰা ওলাই অহাৰ পাছত বৈদা চুলতানাৰ চকুমুখত জাগি উঠিল পৈশাচিক উল্লাস- বুকুত জ্বলি উঠিল প্রতিহিংসাৰ জুই। উন্মত্ত অধীৰ হৈ উঠিল তাইৰ ভাৱনাৰ গতিএজন বিশ্বাসী আৰু সাহসী খানচামা তাইৰ প্ৰয়োজনকোন হ'ব পাৰে সেই খানচামা?  যিয়ে অৰ্থৰ বিনিময়ত বাবৰৰ খাদ্যত বিহ মিহলাবলৈ সন্মত হ'ব পাৰে। মালিক দাদ কাৰাণী? আহম্মদ ? মান্তি হ'বনে তাইৰ প্ৰস্তাৱত সিহঁতে?

    অৱশ্যে বিজেতাসকলক ভাল পোৱাৰ দৰে ঘিণ কৰা লোকৰ সংখ্যাও বহু আছিল বাবৰৰ বশ্যতা স্বীকাৰ কৰা মানুহবোৰৰ মাজত৷

    বাবৰ সেনাই কিছুমানৰ ভায়েকক, কিছুমানৰ দেউতাকক আকৌ কিছুমানৰ পুতেকক হত্যা কৰিছিল। বহুতৰে ভাল আয়ৰ উৎস বন্ধ কৰি দিছিল। সিহঁতে নিশ্চয় সুযোগ সুবিধা পালে বাবৰৰ বিৰুদ্ধে শত্ৰুতা কৰিবলৈ কুণ্ঠিত নহবৰং ভালহে পাব। সেইদিনাৰ পৰাই বৈদা চুলতানাই অতি গোপনে বাবৰৰ শত্ৰুৰ সন্ধান কৰিবলৈ ধৰিলে৷

    বৈদা চুলতানাই ভু লৈ জানিব পাৰিলে, যে বাহালুল নামৰ বাবৰৰ এজন খানচামা আছে। তাৰ খুৰাকৰ পুতেকক পানীপতৰ যুদ্ধত হত্যা কৰা হৈছিল৷ প্ৰতিশোধ লোৱাৰ বাবে ছেগ চাইয়ো হেনো আছে সি। বৈদা চুলতানাই তাইৰ যোজনাৰ বাবে বাহলুলেই উত্তম ব্যক্তি বুলি ভাবি থিৰাং কৰিলে; কিন্তু পোনপটীয়াভাবে বাহলুলৰ লগত আলোচনা কৰা নিৰাপদ নহ'ব বুলি ভাবি তাই এজন বিশ্বাসী মানুহ পঠাই আগ্ৰাৰ পৰা আহম্মদক মতাই অনালে।

    আগ্ৰাস্থিত ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিৰ পৰা বাবৰে আহম্মদক বঞ্চিত কৰিছিল। ফলত বাবৰৰ প্ৰতি আহম্মদৰ বিদ্বেষৰ ভাব এটা আছিলবৈদা চুলতানাই বাবৰৰ অনুমতিলৈ আহম্মদক নিজৰ সেৱাৰ বাবে নিযুক্ত কৰিলেএদিন চেগ চাই বৈদা চুলতানাই আহম্মদৰ আগত নিজৰ পৰিকল্পনাৰ কথা আলোচনা কৰিলে। কথাটো শুনি আহম্মদ আতংকত শিয়ৰি উঠিলকিন্তু বৈদা চুলতানাই তাক অভয় দি ক'লে যে, তাৰ ভয়ৰ কোনো কাৰণ নাই। কাৰণ সি নিজে একো কৰিব নালাগে। সি মাথোন বাহলুল নামৰ খানচামা এজনৰ লগত কথাটো আলোচনাহে কৰিব লাগিব৷

    বৈদা চুলতানাৰ পৰা অভয় পাই আহম্মদে কামটো কৰিবলৈ গাত ল'লেবৈদা চুলতানাই এদিন বাহাদুৰৰ লগত সাক্ষাৎ কৰাৰ অজুহাতত আহম্মদৰ মূৰত গধুৰ টোপোলা এটা দি বাবৰৰ প্রাসাদত প্ৰবেশ কৰিলে৷

    বৈদা চুলতানাই বাহাদুৰৰ লগত কথা পতাৰ সময়ত আহম্মদে পুৰণি লগৰীয়াসকলৰ লগত সুখ-দুঃখৰ কথা পাতিবলৈ গ'ল।

    সুযোগ বুজি আহম্মদে বাহলুলৰ আগত বৈদা চুলতানাৰ পৰিকল্পনাৰ বিষয়ে কথা পাতিলে৷

    বাহলুল প্ৰথমে আহম্মদৰ দৰেই আতংকিত হৈ উঠিল যদিও অৰ্থৰ টোপ পাই শেষত সি কামটো কৰিবলৈ মান্তি হৈ গ'ল ।

 

    অৱশেষত সকলো প্ৰস্তুতি যোজনা অনুসৰি সাজু হৈ উঠিল। কামটো অতি সোনকালে সমাধা কৰাৰো প্ৰয়োজন হৈ পৰিলকাৰণ বৰ্ষা ঋতুৰ শেষত ৰাণা সংগ্ৰাম সিঙৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে বাবৰে প্ৰস্তুতি চলাই আছিলগতিকে তেওঁ যুদ্ধলৈ যোৱাৰ আগতেই বৈদা চুলতানাই কামটো শেষ কৰাৰ কথা ভাবিলে ৷ যুদ্ধলৈ গ'লে কিমান দিন অপেক্ষা কৰিব লাগিব তাৰো একো ঠিক নাই। পলম হ'লে কথাটো প্ৰকাশ হৈ পৰাৰো ভয় আছিল। গতিকে বৈদা চুলতানাই বাবৰ যুদ্ধলৈ যোৱাৰ আগতেই কামটো সমাধা কৰিবলৈ সিদ্ধান্ত ল'লে।

    পৰিকল্পনা অনুসৰি বৈদা চুলতানাই এজনী বিশ্বাসী পৰিচাৰিকাৰ হাতত বাহলুললৈ বিহ পঠিয়াই দিলে। অতি সামান্য বিহ। এচিকটাতকৈও কম। কিন্তু অতি মাৰাত্মকপেটত পৰিলে জীয়াই থকাৰ আশা নাই৷ বাহলুলে বিহুখিনি বগা কাগজত মেৰিয়াই অতি সাৱধানে নিজৰ কুৰ্তাৰ পকেটত ভৰাই ৰাখিলে৷

    খাদ্যত বিহু মিহলোৱাৰ কামটো সহজ নাছিলবাবৰৰ এজন বিশ্বস্ত খানচামাই বাবৰৰ বাবে নিৰ্ধাৰিত খাদ্যবস্তুৰ ওপৰত সততে চকু ৰাখিছিল। ফলত খানচামাজনৰ শেন চকুক ফাঁকি দি খাদ্যত বিহ মিহলোৱাটো খুবেই কষ্ট সাধ্য কাম আছিলতদুপৰি ধৰা পৰিলেতো কথাই নাই, একেবাৰে অৱধাৰিত মৃত্যু৷

    তথাপি বাহলুলে প্রতিহিংসাৰ বশৱৰ্তী হৈ জীৱন পণ সিদ্ধান্ত ল'লেতদুপৰি আহম্মদৰ পৰা আশ্বাস পাই সি কিছু দুর্বিনীত ও সাহসীও হৈ উঠিছিল। আহম্মদে আশ্বাস দিছিল যে, বাবৰৰ মৃত্যু হ'লে বিদেশী সেনা নিজ দেশলৈ গুচি যাবলৈ বাধ্য হ'ব। তেতিয়া পৰবৰ্তী শাসক হ'ব বাহাদুৰ চুলতানতেতিয়া এই উপকাৰৰ কথা সুঁৱৰি বাহাদুৰে তাক নিশ্চয় কোনো উচ্চপদত নিয়োগ কৰিব। দুঃসাহসৰ অন্তৰালত বাহলুলৰ মনত এই আশাও প্ৰচ্ছন্ন হৈ আছিল

    সিদিনা আছিল বৰষুণৰ বতৰসন্ধিয়াৰ পৰা ধাৰাষাৰে বৰষুণ দি আছিল৷ ফলত আন দিনবোৰতকৈ ঠাণ্ডাও পৰিছিল যথেষ্ট বেছি। শীতৰ প্ৰকোপৰ পৰা সকাহ পাবলৈ মানুহবোৰে কাম বন এৰি ঘৰৰ ভিতৰত আশ্ৰয় লৈ সময় কটোৱাত ব্যস্ত হৈ আছিল। কোনোবাই আকৌ অলসভাবে বিছনাত গা এৰি দি বৰষুণৰ আমেজ উপভোগ কৰি আছিল। বহুতেই আকৌ হাঁহি-ধেমালি, গল্প-গুজবত ব্যস্ত হৈ সময়বোৰ সৰস কৰি তোলাৰ কাৰণে চেষ্টা চলাই আছিল

    বাবৰৰ ৰাজকীয় ৰান্ধনিশালত ৰাতিৰ সাজৰ বাবে ৰন্ধা-বঢ়া চলি আছিল৷ সিদিনা ৰন্ধা-বঢ়াৰ দায়িত্ব আছিল বাহলুলৰ ওপৰতবৰষুণৰ আমেজত পুলকিত হৈ একমাত্ৰ বাহলুলৰ বাহিৰে আটাইকেইজন খানচামাই মাত্রাধিক্য মদ্য পান কৰি মতলীয়া হৈ উঠিছিল৷ বাহলুলৰ সিদিনা মদ খোৱাৰ মন বা মানসিকতা কোনোটো নাছিল। সি দুৰু দুৰু বুকুলৈ মাথোন সুযোগৰহে অপেক্ষা কৰি আছিল। তাৰ সহযোগী ৰান্ধনি কেইজন মদ খাই মতলীয়া হৈ ৰান্ধনিশালৰ গাতে লাগি থকা কোঠালিত হাঁহি-ধেমালি আৰু গান-বাজনা লৈ ব্যস্ত হৈ আছিল

    গতিকে ৰান্ধনিশালত একমাত্র বাহলুলৰ বাহিৰে আন কোনো নাছিল। এখন ডেগত বাবৰৰ প্ৰিয় খাদ্য শহাপহুৰ মঙহ উতলি আছিল। মঙহৰ সুবাসে ৰান্ধনিশালৰ বায়ু মলমলাই আছিল। বাহলুলৰ কিন্তু হাঁহি-ধেমালি, গান-বাজনা বা মঙহৰ মলমলীয়া সুবাস উপভোগ কৰাৰ মানসিকতা বা ইচ্ছা কোনোটো নাছিল৷ কুৰ্তাৰ জেপত লৈ ফুৰা বিহুখিনি কেতিয়া সি ডেগৰ মঙহত মিহলাব পাৰিব সেই চিন্তাই তাৰ মনত তোলপাৰ লগাই আছিলতাৰ দেহৰ শিৰা-উপশিৰা উৎকণ্ঠা, শংকা, আতংকত টন্‌টনাই আছিল৷

    অপেক্ষা কৰি কৰি এটা সময়ত বাহলুল অধৈৰ্য হৈ উঠিল। কুৰ্তাৰ জেপত লৈ ফুৰা বিহুৰ পুৰিয়াটো সি হাতেৰে টিপি চাই দৰজাৰ ওচৰলৈ আহি বাহিৰলৈ জুমি চালে

নাই, কোনো নাই বাহিৰত৷ লাহে লাহে সি খানচামাসকল গান-বাজনালৈ ব্যস্ত হৈ থকা কোঠালিটোৰ দৰজাৰ ওচৰলৈ আহিল। সি দৰজাত কাণ লগাই অনুমান কৰিলে, আটায়ে আমোদ-প্রমোদত ব্যস্ত হৈ আছে।

    কম্পিত খোজত বাহলুল মঙহ উতলি থকা ডেগৰ ওচৰলৈ আহি জেপৰ পৰা পুৰিয়াটো উলিয়াই ল'লে। পুৰিয়াটো ডেগৰ মাজত পেলাই দিবলৈ গৈ সি থমকি ৰৈ গ'নাই নাই, ডেগৰ মঙহত বিহ মিহলোৱা সম্ভৱ নহয়৷ কাৰণ অলপ পাছতেই খানচামাসকল আহি মঙহ খাবলৈ আৰম্ভ কৰিব। এয়া সিহঁতৰ চিৰদিনৰ অভ্যাসমঙহ ৰন্ধা হ'লে ডেগৰ পৰা মঙহ উলিয়াই খোৱাটো সিহঁতৰ অভ্যাসত পৰিণত হৈ গৈছে। তেনেহ'লে উপায়? বিহ ক'ত মিহলাব?

    বাহলুলৰ হঠাৎ ৰুটীৰ পাত্ৰৰ ফালে চকু গ'ল। সি ৰুটীৰ পাত্ৰৰ ওচৰলৈ আহি কঁপা কঁপা হাতেৰে এটা ৰুটীৰ ওপৰত বিহখিনি ছটিয়াই দিলে । ৰুটীটো সি পাত্ৰৰপৰা আঁতৰাই আনি চেনিৰ পাত্ৰৰ মাজত থৈ দিলে।

    হঠাৎ এজাক বতাহ আহি দুৱাৰৰ পাল্লা দুপাত জপাই পেলালে। খট্‌কৈ এটা শব্দ হ'ল৷ বাহলুল ভয়ত জঁপিয়াই উঠি পুৰিয়াত থকা অৱশিষ্ট বিহ চৌকাৰ জুইৰ মাজলৈ দলিয়াই দিলে

    বাহলুলে দুৱাৰ খুলি পুনৰ বাহিৰলৈ জুমি চালেনাই, তেতিয়াও কোনো নাছিল বাহিৰত। সি পুনৰ চেনিৰ পাত্ৰৰ ওচৰলৈ আহি ৰুটীটোৰ ওপৰত মাখন সানি সামান্য ঘিউ ঢালি দিলে

    খন্তেক পাছতে ৰান্ধনিশাললৈ পৰিচাৰক সোমাই আহিল। বাহলুলে অন্যান্য খাদ্যবস্তুৰ লগত চেনিৰ পাত্ৰত থৈ দিয়া বিশেষ ৰুটীটো বাবৰৰ আহাৰৰ বাবে যতনাই দিলে৷ পৰিচাৰকে বাবৰৰ আহাৰৰ বাবে খাদ্যবস্তুবোৰ লৈ গ'ল। বাহলুলে দুৰু দুৰু বুকুত পৰবৰ্তী ঘটনাৰ বাবে সাজু হ'বলৈ ধৰিলে।

    হঠাৎ পৰীয়া সেনাবোৰৰ মাজত হুৱা-দুৱা লাগি গ'ল। কোনোবা এজন হেকিম, হেকিম বুলি চিঞৰি চিঞৰি দৌৰি গ'ল৷

    ইমান সময় গান-বাজনা, হাঁহি-তামচালৈ ব্যস্ত হৈ থকা খানচামা কেইজনে ঘটনাৰ গমগতি নাপাই ইজনে সিজনক ঠেলি হেঁচি বাহিৰলৈ ওলাই আহিলহাই-উৰুমি আৰু দৌৰা-দৌৰিৰ মাত্ৰা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। সমগ্ৰ প্রাসাদত যেন ভূমিকম্পৰ তাণ্ডৱ আৰম্ভ হৈ গ'ল।

    মুহূৰ্তৰ ভিতৰতে বাবৰৰ ভোজনালয়ৰ সন্মুখত ভিৰ জমি গ'তাহিৰজান উৎকণ্ঠিতভাবে ভোজনালয়লৈ দৌৰি আহিল

    বাবৰে বমি কৰি আছিল। সৰাপাতৰ দৰে তেওঁৰ সমগ্ৰ মুখমণ্ডল শেঁতা পৰি গৈছিল। জবাই কৰা কুকুৰাৰ দৰে তেওঁ প্রচণ্ড যন্ত্ৰণাত ছট্‌ফটাই আছিল। তীব্র যন্ত্রণা সহ্য কৰিব নোৱাৰি তেওঁ বলিয়াৰ দৰে দৰজাৰ ফালে দৌৰি আহিল। কিন্তু কেইখোজমান অহাৰ পাছতেই তেওঁৰ ভৰি থৰক-বৰক কৰিবলৈ ধৰিলে। তাহিৰে তৎক্ষণাৎ তেওঁক গবা মাৰি ধৰি পেলালে

    তেনেতে ব্যস্তভাবে হেকিম ইউছুফ সোমাই আহিল৷ তেওঁ আহিয়ে পাৰিচাৰক কেইজনলৈ উদ্দেশ্য কৰি ক'লেযোৱা, সোনকালে বাৰান্দাত বিছনা পাৰি দিয়াগৈ৷ মানুহৰ হাই-উৰুমি আৰু কোঠালিৰ চাৰিবেৰৰ মাজত বাবৰে অস্বস্তি অনুভৱ কৰি আছিল। সেয়ে বাবৰে হেকিমৰ কথাত আপত্তি কৰি ক'লেনাই নাই, চোতালত বিছনা পাতা

    গৰ গৰ শব্দ কৰি সেহাই সেহাই কথা কেইটা কৈয়ে তেওঁ পুনৰ বমি কৰিবলৈ ধৰিলে।

    বমি কৰাৰ পাছত বাবৰ অলপ সুস্থ হৈ উঠাত হেকিমে ক'লেজাহাঁপনা, বাহিৰত বৰষুণ দি আছে, বাৰান্দাতে ভাল হ'ব।

    হেকিমৰ পৰামৰ্শ অনুসৰি অৱশেষত বাৰান্দাতে বিছনা পাৰি দিয়া হ'ল। তাহিৰ  বেগ আৰু আন আন পৰিচাৰকে বাবৰৰ দুই কাষলতিৰ তলেদি হাত দি দাঙি আনি বাৰান্দাত পাতা বিছনাত শুৱাই দিলে।

    হেকিমে নাড়ীৰ গতি পর্যবেক্ষণ কৰি ঔষধ উলিয়াই ল'লে। তেওঁ অধিক চিৰাজী পান কৰি দুৰ্বল হ'লে গুঙিবলৈ দিয়া ঔষধ বাবৰক শুঙিবলৈ দিলে।

    বাবৰে আপত্তি কৰি ক'লেনাই নাই, ম‍ই চিৰাজী পান কৰা নাইখাদ্যৰ লগত বেলেগ কিবা অখাদ্যহে খাইছোঁ। এইদৰে কৈয়ে তেওঁ খন্তেক মনে মনে থাকি আদেশ দিলেখানচামাসকলক গ্ৰেপ্তাৰ কৰা হওঁক

    বাবৰে পুনৰ বমি কৰিবলৈ মাটিৰ বহল মুখৰ পাত্ৰৰ ফালে আগবাঢ়ি আহিল

বাবৰৰ আদেশ পাই এদল সেনা ৰান্ধনিশালৰ ফালে দৌৰি আহিল। সেনা আহি পোৱাৰ আগতেই অন্যান্য খানচামা আৰু পৰিচাৰকসকলে বাহলুলক আটক কৰি ৰাখিছিল৷ সেনা আহি পোৱাৰ লগে লগে তাক সেনাৰ হাতত গতাই দিলে৷ জল্লাদে অতি সোনকালেই বাহলুলৰ মুখৰ পৰা প্ৰকৃত সত্য উদঘাটন কৰিবলৈ সক্ষম হ'ল। তাৰ স্বীকাৰোক্তি অনুসৰি আহম্মদ, বৈদা চুলতানা আৰু বাহলুলক বিহু যোগান দিয়া পৰিচাৰিকাজনীক গ্ৰেপ্তাৰ কৰিবলৈ বৈদা চুলতানাৰ প্রাসাদলৈ এদল সেনা দৌৰি গ'

    হেকিমৰ চিকিৎসাই বাবৰৰ অৱস্থাৰ পৰিবৰ্তন আনিব নোৱাৰিলে। সিদিনা ওৰেটো নিশা সংকটজনক অৱস্থাতে পাৰ হ'ল। বমিৰ লগতে গাত তীৰ কঁপে জ্বৰো উঠিল। বাবৰৰ অৱস্থা দেখি আটায়ে শংকিত হৈ উঠিল। সকলোৱে তেওঁৰ জীৱন নাশৰ আশংকা কৰিবলৈ ধৰিলে। একমাত্র হেকিমে প্রগাঢ় আত্মবিশ্বাসেৰে এটাৰ পাছত এটা ঔষধ খুৱাই যাবলৈ ধৰিলে। তেওঁ দৃঢ় আত্মবিশ্বাসেৰে আশ্বাস দি কবলৈ ধৰিলেধৈর্য ধৰক সকলো ঠিক হৈ যাব। চিন্তাৰ কোনো কাৰণ নাই।

    ইফালে বাবৰৰ অৱস্থা লাহে লাহে বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলে৷ তেওঁৰ অনুমান হ'ল যেন কোনোবাই চোকা কটাৰীৰে তেওঁৰ হৃদপিণ্ড টুকুৰা-টুকুৰ কৰি কাটি আছে। কলিজা, হাওঁফাওঁ, নাড়ী-ভুড়ি যেন বাহিৰলৈ ওলাই আহিবলৈ বিদ্ৰোহ কৰি আছে। তেওঁৰ চকুৰ আগত ৰং বিৰঙৰ দৃশ্য ভাহি ফুৰিবলৈ ধৰিলেকেতিয়াবা বৈদা চুলতানা, কেতিয়াবা হুমায়ুন আৰু কেতিয়াবা মাহিম বেগমৰ মুখ তেওঁ চকুৰ আগত ভাহি ফুৰিবলৈ ধৰিলে ।

    বাবৰৰ পাকস্থলীত যেন জুই জ্বলি আছিলসেই জুইৰ দহন জ্বালা তেওঁৰ সৰ্বশৰীৰত বিয়পি পৰিছিল। অসহ্য যন্ত্ৰণাত তেওঁ আৰ্তনাদ কৰি আছিল আৰু মাজে মাজে অস্পষ্টভাবে প্রলাপ বকি আছিলহুমায়ুনক মই কাবুললৈ পঠালোঁ কিয় ? কাবুলৰ পৰা তেওঁ বদবখশালৈ যাবচোমালী সীমান্তত বিশৃংখলাই দেখা দিছে। বৰষুণৰ বতৰ শেষ হোৱাৰ লগে লগেই চোমালী সীমান্তত যুদ্ধ আৰম্ভ হ'ব। তেজৰ নৈ বৈ যাব........

    বাবৰৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল কহিনুৰ হীৰা খচিত কলা ৰাজমুকুট পিন্ধি থকা আমিৰ তৈমুৰৰ প্ৰতিচ্ছবি। তেওঁৰ চকুত যেন জুই জ্বলি আছেচকুত উদ্ভাসিত হৈ আছে পৈশাচিক উল্লাস। বাবৰে ভয়ত চকু মুদি দিলে। হুমায়ুনৰ অমংগল আশংকাত তেওঁৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। মাত্ৰাধিক অস্থিৰতাৰ ফলত এটা সময়ত তেওঁৰ চেতনা লুপ্ত হৈ পৰিল

    হেকিমে চকু-মুখত পানী ছটিয়াই চেতনা ঘূৰাই আনিবলৈ চেষ্টা চলালেকিছুসময় পাছতে বাবৰৰ চেতনা ঘূৰি আহিল । তেওঁ পুনৰ আচ্ছন্নৰ দৰে ক'বলৈ ধৰিলেযদি মই এই সংকটৰ পৰা মুক্ত হ'ব নোৱাৰোঁ..... মোৰ মৃত্যুৰ সময়ত হুমায়ুন, মাহিম বেগম কোনেও মোৰ কাষত উপস্থিত নাথাকিব... মোৰ এই সংকটৰ বাতৰি লিখি আজি এই মুহূর্তে পত্রবাহক পঠালেও সি কাবুললৈ গৈ পুনৰ উভতি আহোঁতে কমেও তিনি মাহ সময় লাগিব। অথচ মই এসপ্তাহৰ ভিতৰতে....... নাই নাই অহাকালি...... নহয় আজি....... নাই নাই, এই মুহূর্তেই মৰিব পাৰোঁ৷

    উত্তেজিত হৈ পৰাৰ কাৰণে বাবৰৰ মুখৰ পৰা শেষৰ কথাফাকি অস্পষ্ট হৈ ওলালতাহিৰ বেগ ওচৰতে বহি আছিল। বাবৰক সান্ত্বনা দিয়াৰ কাৰণে সি মিনতি ভৰা কণ্ঠত কলেমন ডাঠ কৰক, জাহাঁপনা। সাহস নেহেৰুৱাব৷ আপুনি আৰু ম‍ই কিমানবাৰ নিশ্চিত মৃত্যুমুখৰ পৰা হাতসাৰি আহিছোঁ। আজিও আপুনি মন ডাঠ কৰি মৃত্যুক জয় কৰিব লাগিব৷

    কিন্তু এনেকুৱা অৱস্থা মোৰ কেতিয়াও হোৱা নাছিল, তাহিৰ বেগতেতিয়া শত্ৰুই আমাক সন্মুখফালৰ পৰা আক্ৰমণ কৰিছিল; কিন্তু আজি আক্ৰমণ কৰিছে পিছফালৰ পৰা। পিছফালৰ পৰা আক্ৰমণ কৰা শত্ৰুৰ মোকাবিলা কৰা খুবেই কঠিন কাম, তাহিৰ বেগ। বাবৰে কথাকেইটা কোৱাৰ সময়ত উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তেওঁ অতি কষ্টেৰে সেহাই সেহাই ক'লে  তাহিৰ বেগ, তুমি মোৰ ওচৰলৈ আহাতুমি মোৰ ওচৰত থাকিলে মনত বল পামতুমিয়েতো মোৰ বিপদৰ বন্ধু

    তাহিৰ বেগ কাষ চাপি অহাৰ লগে লগে বাবৰে চিলমচী (এক ধৰণৰ মুখবহল কাঁহৰ পাত্ৰ)ৰ ফালে মুখ আগবঢ়াই আনি বমি কৰিলেতাহিৰ বেগে বাবৰক আলফুলে ধৰি বমি কৰাত সহায় কৰিলে

    বমি কৰাৰ কষ্টত বাবৰ ঘামত তিতিবুৰি উঠিলতাহিৰে কাপোৰ এখনেৰে মাতৃৰ মমতাত বাবৰৰ দেহৰ ঘাম মচি দিলে।

    অসহ্য যন্ত্ৰণাৰ পৰা সকাহ পাবলৈ বাবৰে মাজে সময়েই কিছু সময় উশাহ বন্ধ কৰি ৰৈ থাকিবলৈ ধৰিলে আৰু তেওঁৰ চকুৰ পৰা লোতক বাগৰিলৈ ধৰিলে৷

    বাবৰৰ চকুত চকুলো দেখি তাহিৰৰ হৃদয় বেদনাত ভৰি পৰিলসি মনে মনে ভাবিলে, সি যদি বাবৰৰ অসহ্য যন্ত্ৰণাৰ কিছু অংশ নিজে ভোগ কৰি তেওঁক কিছু সকাহ দিব পাৰিলেহেঁতেন। কেতিয়াবা কেতিয়াবা তাৰ এনেকুৱা উপলব্ধি হ'বলৈ ধৰিলেসি যেন নিজেই বিহ পান কৰিছে। বাবৰৰ প্ৰতি সহানুভূতিত তাহিৰ বেগৰ হৃদয় বিগলিত হৈ উঠিল। তেওঁৰ মানসপটত ভাহি উঠিল অতীতৰ স্মৃতি বিজড়িত অলেখ স্মৃতি......

    তাহিৰজান...... তাহিৰ বেগ!

    তাহিৰজান আছিল কুবাৰ এজন কৃষকৰ পুতেকতাৰ ভাল পোৱা আছিল একে গাঁৱৰে জীয়ৰী ৰাবিয়াৰ লগতউভয়ে সপোন দেখিছিল দাম্পত্য প্ৰেমেৰে ভৰা এখন সুখী সংসাৰৰকিন্তু হঠাৎ এজাক ধুমুহা আহিলথানবান কৰি দিলে সিহঁতৰ সপোন৷ তৃণ কুটাৰ দৰে দুজন দুফালে উৰি গুচি গ'ল সেই ধুমুহাৰ তাণ্ডৱত

    সেয়া বাদচাহ ওমৰ শ্বেখৰ সময়ৰ কথা। চমৰকন্দৰ শাসক চুলতান আহম্মদে আখশ্বী আক্ৰমণৰ বাবে কুবাশ্বায় নদীৰ সিপাৰে ছাউনী পাতি ৰৈ আছিল৷ কুবাশ্বায় নদী পাৰ হৈ তেওঁ যিকোনো মুহূৰ্তত আখশ্বীৰ ওপৰত জঁপিয়াই পৰিব! চলাব হত্যা, লুণ্ঠন, নির্যাতন, অত্যাচাৰৰ তাণ্ডৱভোগৰ বাবে বলপূর্বক ধৰি লৈ যাব সুন্দৰী নাৰী

    কথাটো ভাবিয়ে তাহিৰজান উৎকণ্ঠিত হৈ উঠিল। তাৰ চকুৰ আগত উদ্ভাসিত হৈ উঠিল এক বীভৎস মর্মান্তিক দৃশ্যপাষণ্ডবোৰে যদি ৰাবিয়াকো ধৰি লৈ যায়! তেনেহ'লে সি কি লৈ জীয়াই থাকিব? পাষণ্ডবোৰে ৰাবিয়াক..... !

    ৰাবিয়াৰ ওপৰত চলাব পৰা পাশৱিক নিৰ্যাতনৰ এক কাল্পনিক চিত্ৰ তাহিৰৰ মানসপটত ভাহি উঠিললগে লগে সি বলিয়াৰ দৰে হৈ উঠিল৷ নাই নাই, সি কোনোপধ্যেই ৰাবিয়াক শত্ৰুৰ হস্তগত হ'বলৈ নিদিয়ে। যিকোনো মূল্যৰ বিনিময়ত সি ৰাবিয়াক ৰক্ষা কৰিব লাগিবশত্ৰুক যদি সি নদী পাৰ হ'বলৈ নিদিয়েশত্ৰুৰ হাতৰ পৰা সি আখশ্বী ৰক্ষা কৰিবৰক্ষা কৰিব তাৰ বুকুৰ কলিজা ৰাবিয়াক...... কিন্তু কেনেকৈ ?

    তাহিৰৰ মনত হঠাৎ এটা বুদ্ধি খেলালেকুবাশ্বায় নদীৰ ওপৰত মাথোন এখন দলং। দলংখন পাৰ হৈয়ে শত্ৰু ইপাৰলৈ আহিব লাগিব। দলংখন জ্বলাই দিব পাৰিলেই আখশ্বী নিৰাপদআখশ্বী নিৰাপদ হ'লেই ৰাবিয়াও নিৰাপদতাৰ বুকুৰ কলিজা ৰাবিয়াক তেতিয়া কোনেও কাঢ়ি নিব নোৱাৰিবসি ৰাতিৰ আন্ধাৰত দলংখন জ্বলাই দিব।

    ভবামতেই কাম৷ কেইজনমান সংগী গোটাই তাহিৰে দলংখন জ্বলাই দিবলৈ ওলাল। কেৰাচিনৰ টিন আৰু হাতে হাতে কুঠাৰ লৈ সিহঁত দলংখন পালেহি

    সিদিনা ধাৰাসাৰে বৰষুণ দি আছিললগতে বৈ আছিল কোবাল বতাহ। প্রথমে সিহঁতে দলঙত কেৰাচিন ঢালি জুই লগাবলৈ চেষ্টা চলালে। কিন্তু অশেষ চেষ্টা কৰিও বতাহ বৰষুণৰ কাৰণে সিহঁতে জুই জ্বলাবলৈ সক্ষম নহ'ল। অৱশেষত হতাশ হৈ সিহঁতে জুই লগোৱাৰ আশা ত্যাগ কৰিলে

    জুই লগাব নোৱাৰিলেও তাহিৰজান হতাশ নহ'ল। সি বজ্রমুঠিত কুঠাৰ ধৰি দলংৰ খুঁটা এটাত উন্মাদৰ দৰে কুঠাৰ চলাবলৈ ধৰিলে৷ প্ৰচণ্ড শীতৰ মাজতো সি ঘামত তিতি-বুৰি উঠিলতাৰ লগৰীয়া কেইজনেও তাক পাৰেমানে সহায় কৰিবলৈ ধৰিলে উক্ত কামতনিৰৱচ্ছিন্ন চেষ্টাৰ পাছতো সিহঁতে মাথোন এটা খুঁটাৰ বাহিৰে দলঙৰ বিশেষ ক্ষতি সাধন কৰিব নোৱাৰিলে। ইফালে পূবে ধলফাট দিয়াৰ উপক্ৰম হ'ল। শত্ৰুৰ হাতত ধৰা পৰাৰ ভয়ত শ্রান্ত-ক্লান্ত হৈ তাহিৰজান পূবে ধলফাট দিয়াৰ আগে আগে লগৰীয়া কেইজনৰ সৈতে আহি ঘৰ পালেহি।

    ইফালে তাহিৰজানহঁত দলঙৰ কাষৰ পৰা গুচি অহাৰ লগে লগে শত্ৰু সেনা আখশ্বীৰ ফালে আগবাঢ়িবলৈ ধৰিলেসেনাবাহিনীৰ অগ্রভাগ পূবে ধলফাট দিয়াৰ আগতেই আহি দলং পালেহিবাঢ়নি পানীৰ স্রোতে প্রচণ্ডভাবে দলংৰ খুঁটাবোৰত খুন্দিয়াই আছিল। সেনাবাহিনীৰ অগ্ৰভাগত সেনা সংখ্যা তাকৰ আছিল৷ গতিকে সিহঁতে অনায়াসে দলং পাৰ হৈ ইপাৰলৈ আহিবলৈ সক্ষম হ'ল৷

    সেনাবাহিনীৰ পশ্চাদভাগ দলংৰ ওপৰত উঠাৰ লগে লগে ঘটিল ঘটনাটো৷ সেনাবাহিনীৰ পশ্চাদ্‌ভাগত সেনা সংখ্যা অধিক আছিল। তদুপৰি মালবাহী গাড়ী সমূহো আছিল পশ্চাদভাগত

    মানুহ আৰু মালবাহী গাড়ী একেলগে দলংৰ ওপৰত উঠাৰ ফলত দলংৰ ওপৰত প্ৰচণ্ড চাপ পৰিল। ফলত তাহিৰজানে ক্ষতি সাধন কৰা খুঁটাটো মটৰ কৰি ভাঙি গ'ল। খুঁটাটো ভাঙি যোৱাৰ লগে লগে দলংখন লাহে লাহে তললৈ বহি যাবলৈ ধৰিলে। সেনা আৰু মালবাহী গাড়ীৰ বোজা বহন কৰিব নোৱাৰি এটা সময়ত দলংখন মৰ্মৰ শব্দ কৰি ভাঙি নদীৰ পানীত সোমাই পৰিলফলত ইতিমধ্যে দলঙত উঠা সেনা আৰু মালবাহী গাড়ীসমূহো নদীৰ বুকুত সৰি পৰিল৷ সেনাবাহিনীৰ মাজত হুৱা-দুৱা লাগি গ'ল। বহুতো সেনা পানীত উটি গ'ল আৰু মালবাহী গাড়ী সমূহো পানীত তল গ'

    তথাপি আহম্মদ চুলতান হতাশ নহ'ল। তেওঁ দলং মেৰামত কৰিবলৈ নির্দেশ দিলে।কুবাৰ পৰা জুৰ-জুলুম কৰি মিস্ত্ৰী ধৰি আনি দলং মেৰামত কৰিবলৈ লগাই দিলে। দুদিনতে দলং মেৰামতৰ কাম সম্পূৰ্ণ হ'ল। সেনাবাহিনী দলং পাৰ হৈ ইপাৰ আহি পালেহি

    সেনাবাহিনী ইপাৰলৈ আহিয়ে লুট-পাতৰ তাণ্ডৱ চলালে। পাঁচজন সেনা ৰাবিয়াহঁতৰ ঘৰলৈকো সোমাই আহিলৰাবিয়াই তেতিয়া গাই খীৰাই আছিল। কামত ব্যস্ত থকা কাৰণে তাই প্ৰথমতে সেনা অহা লক্ষ্যই কৰা নাছিল। ৰাবিয়াৰ মাকে সেনা সোমাই অহা দেখিয়ে ব্যস্তভাবে লৰি আহি ৰাবিয়াক উদ্দেশ্য কৰি ক'লেতুমি এতিয়াও ইয়াতে ৰৈ আছা? সেনা সোমাইছে। যোৱা, সোনকালে পলোৱা।

    ৰাবিয়াই প্ৰথমতে মাকৰ কথাৰ অৰ্থ বুজিব নোৱাৰি সুধিলেকি হ'ল আই?

    শত্ৰু। ৰ'বা, বাহিৰলৈ নাযাবাখিৰিকীৰে ঘৰৰ ভিতৰলৈ সোমাই গৈ গৰুৰ কাৰণে যতনাই থোৱা ভূচিৰ মাজত লুকাই থাকাগৈ।

    সচকিত হৈ ৰাবিয়াই গাইৰ তলৰ পৰা উঠি থিয় দিয়াৰ লগে লগে বাগিচাৰ দুৱাৰ পাৰ হৈ ভিতৰলৈ সোমাই আহিব ধৰা সেনা এজনৰ চকু তাইৰ ওপৰত পৰিল৷

    সেনাজনে লগৰীয়া সেনা কেইজনক উদ্দেশ্য কৰি ক'লেসুন্দৰী যেনেই লাগিছে!

 

    লগৰ সেনাকেইজন ঘোঁৰা বিচৰাৰ ধান্দাত আছিলসিহঁতে সেনাজনৰ কথাত বিশেষ গুৰুত্ব নিদি ক'লেসুন্দৰী ছোৱালীতকৈ ঘোঁৰা এটাৰহে আমাৰ বেছি প্ৰয়োজন

    সুন্দৰী ছোৱালী ঘোঁৰাতকৈও বেছি মূল্যবান। প্রথম সেনাজনে এইদৰে নিজকে কোৱাদি কৈ ৰাবিয়ালৈ উদ্দেশ্য কৰি ক'লেএই ছোৱালী, বিএইদৰে কৈ সেনাজনে কাষৰ সেনাজনলৈ উদ্দেশ্য কৰি ক'লেচমৰকন্দলৈ লৈ গৈ ফাজিল বেগৰ ওচৰত বিক্ৰী কৰিলে ভাল মূল্যই পোৱা যাব৷

    সেনা দুজন দ্ৰুত ৰাবিয়াৰ ফালে আগবাঢ়িল। ৰাবিয়াই ভয়ত সন্ত্ৰস্ত হৈ আসন্ন বিপদৰ পৰা ৰক্ষা পৰিবলৈ দৌৰি ভুচি ৰখা ঘৰৰ ভিতৰলৈ সোমাই গ'ল। সেনা দুজনো ক্ষিপ্রগতিত দৌৰি আহি ঘৰৰ ভিতৰলৈ সোমাবলৈ উদ্যত হ'

    ৰাবিয়াৰ মাকে দৌৰি আহি দুৱাৰমুখত থিয় হৈ দুহাত প্ৰসাৰিত কৰি সেনা দুজনক ঘৰৰ ভিতৰলৈ সোমোৱাত বাধা প্ৰদান কৰি ক'লেআপোনালোক যদি মুছলমান হয় মোৰ ছোৱালীজনীৰ গাত হাত নিদিব। লাগিলে মোকে মাৰক, মোৰ ছোৱালীজনীৰ সৰ্বনাশ নকৰিবতাইৰ এজন যুৱকৰ লগত বিয়া ঠিক হৈ আছে।

    প্রথম সেনাজন জাঙোৰ খাই উঠিল ছোৱালী! বিয়া ঠিক হৈ আছে! সেই বাবেইতো বেছি টকা পাম। গুচ্ সন্মুখৰ পৰা। এইদৰে কৈয়ে সেনাজনে ঠেলামাৰি ৰাবিয়াৰ মাকক বগৰাই পেলাই দিলে। পৰি যোৱাৰ সময়ত তাইৰ মূৰটো এটা খুঁটাত লাগিল আৰু লগে লগে তাই অচেতন হৈ পৰিল।

    প্রথম সেনাজন ঘৰৰ ভিতৰলৈ সোমাই আহিল। ইতিমধ্যে ৰাবিয়া ভুচিৰ মাজত সোমাই পৰিছিল। সেনাজনক সোমাই অহা দেখি তাই ভুচিৰ মাজৰ পৰা ওলাই খিৰিকী এখনৰ ফালে দৌৰি গ'দ্বিতীয় সেনাজন টেনিচ বলৰ দৰে জাপ মাৰি আহি ৰাবিয়াৰ এখন হাতত ধৰি পেলালে

    ইতিমধ্যে তৃতীয়জন সেনা বস্তা এখনলৈ তালৈ আহি পাইছিলহিসি বস্তাখন লৈ ৰাবিয়াৰ ফালে আগুৱাবলৈ ধৰিলে

    ৰাবিয়া সজাগ হৈ উঠিল। তাইক বস্তাৰ ভিতৰত ভৰাব বুলি উপলব্ধি কৰিব পাৰিয়ে তাই সহায়ৰ বাবে চিঞৰিলেকোন ক'ত আছা, মোক বচোৱা

    তাহিৰজান ৰাবিয়াহঁতৰ ঘৰৰ কাষতে চুবুৰীয়া এঘৰত লুকাই আছিল৷ সি খিৰিকীৰ ফাঁকেৰে ৰাবিয়াহঁতৰ ঘৰৰ ফালে চাই সেনা কেইজনৰ গতিবিধি অশেষ ধৈর্য ধৰি নীৰৱে লক্ষ্য কৰি আছিল। কিন্তু ৰাবিয়াই সহায়ৰ কাৰণে চিঞৰা শুনি সি ধৈর্য ধৰি থাকিব নোৱাৰিলে। সি বলিয়াৰ দৰে হৈ উঠিলতাৰ মনৰ পৰা ভয়- শংকা শীতৰ কুঁৱলিৰ দৰে নোহোৱা হৈ গ'ল। লুকাই থকা ঘৰৰ পৰা সি জাঁপ মাৰি ওলাই ৰাবিয়াহঁতৰ ঘৰৰফালে দৌৰি আহিল৷ ৰাবিয়াহঁতৰ ঘৰলৈ আহি দৃশ্য দেখি তাৰ শিৰা-উপশিৰা স্ফীত হৈ উঠিল।

    ইতিমধ্যে ৰাবিয়াক বাহিৰলৈ উলিয়াই অনা হৈছিল আৰু তাই চোতালত তলমুৱাহৈ পৰি ছট্‌ফটাই আছিল। এজন সেনাই তাইৰ ভৰি দুখন ধৰি আছিল আৰু আন এজন সেনাই তাইৰ হাত দুখন পিছফাললৈ আনি আঁঠুৰে কঁকালত হেঁচি ধৰি আছিলতৃতীয়জন সেনাই তাইক বস্তাৰ ভিতৰত ভৰাবলৈ আয়োজন কৰি আছিল। চতুর্থজন সেনা ঘোঁৰাৰ লেকাম ধৰি থিয় দি আছিল আৰু পঞ্চমজন সেনাই ঘোঁৰাৰ পিঠিত বহি দৃশ্যটো উপভোগ কৰি আছিলঘোঁৰাৰ পিঠিত বহি থকা সেনাজনৰ হাতত বর্শা আছিল

    দৃশ্যটো দেখি তাহিৰজানে হিতাহিত জ্ঞান হেৰুৱাই পেলালে। প্ৰেমাস্পদৰ দুৰ্দশা দেখি সি দুর্বিনীত হৈ উঠিলপাঁচজন সেনাৰ লগত সি অকলে যুঁজিবলৈ সিদ্ধান্ত ল'লে। তাৰ মনৰ পৰা ভয়, শংকা আঁতৰি গ'ল৷ তাৰ মনত মাথোন এটা চিন্তাই খলকনি তুলিলে, যে যিকোনো মূল্যৰ বিনিময়ত সি ৰাবিয়াক পাষণ্ডহঁতৰ হাতৰ পৰা ৰক্ষা কৰিবই লাগিব

    তাহিৰজানে খাপৰ পৰা তৰোৱাল উলিয়াই ৰাবিয়াৰ ফালে দৌৰি আহিলতেতিয়া বৰ্শাধাৰী সেনাজনে চিঞৰি ক'লেএই আগনাবাঢ়িবি, ৰৈ যা বুলি কৈছোঁ। নহ'লে বর্শাত গাঁথি পেলাম

    তাহিৰজানে বর্শাধাৰীৰ সঁকীয়নিত কাণ নিদিলে। সি প্রচণ্ড বেগত দৌৰি আহি ৰাবিয়াৰ ভৰিত ধৰি থকা সেনাজনৰ ওপৰত তৰোৱালেৰে আঘাত হানিলে।আর্তনাদ কৰি সেনাজনে ৰাবিয়াৰ ভৰি এৰি দি তেজেৰে লুতুৰি-পুতুৰি হৈ চোতালত ঢলি পৰিল

    পুনৰ তৰোৱাল দাঙিবলৈ ধৰোঁতেই তাহিৰজানে তাৰ কান্ধত বৰ্শাৰ প্ৰচণ্ড আঘাত অনুভৱ কৰিলেসি ঢলংঢপংকৈ মৃত সেনাজনৰ ওপৰত ঢলি পৰিলঢলি পৰাৰ সময়ত সি ৰাবিয়াৰ তীব্ৰ আৰ্তনাদ শুনিবলৈ পালে হায় তাহিৰ, এই জনমত আমাৰ সংসাৰ পতা হয়তো নহ'ব! পৰজনমত তোমাৰ কাৰণে মই অপেক্ষা কৰি থাকিম।

    তাহিৰৰ অনুমান হ'ল যেন বহু দূৰৰ পৰা কোনোবাই তাক উদ্দেশ্য কৰি কথা কেইটা কৈ আছে

    তাহিৰ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থাকিল আৰু বাকী সেনা কেইজনে ৰাবিয়াক বস্তাৰ ভিতৰত ভৰাই ঘোঁৰাৰ পিঠিত তুলি ল'লেতাৰ পাচত সিহঁতে তাহিৰ আৰু মৃত সেনাজনক তাতে এৰি থৈ ৰাবিয়াকলৈ গুচি গ'ল।

    বৰ্শাৰ আঘাতত তাহিৰৰ কান্ধত গভীৰ ক্ষত সৃষ্টি হৈছিল। সেই ঘাঁ শুকাওতে বহুদিন লাগিল

    ৰাবিয়াক হেৰুৱাই তাহিৰজান উন্মাদৰ দৰে হৈ উঠিল৷ ঘাঁ শুকোৱাৰ পাছত সি ৰাবিয়াক বিচাৰি চমৰকন্দলৈ যায়৷ কিন্তু বহুদিন বিচাৰিও সি ৰাবিয়াৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে৷ অৱশেষত সি হতাশ হৈ ৰাবিয়াৰ আশা ত্যাগ কৰি আন্দিজানলৈ উভতি আহেতেতিয়াই মোমায়েক ফজিলুদ্দিনে তাক বাবৰৰ সেনাবাহিনীত ভৰ্তি কৰি দিয়ে৷

    বাবৰে প্ৰথমবাৰ চমৰকন্দ জয় কৰাৰ সময়ত তাহিৰজানো সেই সেনাবাহিনীৰ লগত চমৰকন্দলৈ গৈছিল। সি ৰাবিয়াক পাহৰিব পৰা নাছিল৷ চমৰকন্দলৈ গৈয়ে সি ৰাবিয়াক বিচাৰিবলৈ আৰম্ভ কৰিছিলতেতিয়া তাৰ সাক্ষাৎ হয় মমত নামৰ সেনা এজনৰ লগত। মমত জাতত মুচিয়াৰ আছিল। কিছুদিনৰ ভিতৰতে তাৰ মমতৰ লগত বন্ধুত্ব গঢ়ি উঠেআহম্মদ চুলতানে আখশ্বী আক্ৰমণৰ সময়ত মমত আহম্মদ চুলতানৰ বাহিনীত সেনা আছিল। অৱশেষত মমতে তাৰ স্ত্ৰীৰ সহায়ত ৰাবিয়াক বিচাৰি উলিয়াবলৈ শপত খায়কিন্তু ৰাবিয়াক বিচাৰি ফুৰোঁতেই আহম্মদ তনৱালে আন্দিজানত বিদ্রোহ ঘোষণা কৰে। গতিকে তাহিৰজানে ৰাবিয়াৰ আশা ত্যাগ কৰি বাবৰৰ সংবাদবাহক হিচাপে আন্দিজানলৈ যাব লগা হয়।

    বাবৰে দ্বিতীয়বাৰ চমৰকন্দ দখল কৰাৰ সময়ত তাহিৰজান পুনৰ চমকন্দলৈ যায়মমতৰ স্ত্ৰীয়ে তেতিয়া ৰাবিয়াৰ সন্ধান উলিয়ায়তাহিৰে মমতৰ সহায়ত এজন ধনী ব্যৱসায়ীৰ ঘৰৰ পৰা ৰাবিয়াক উদ্ধাৰ কৰি আনে আৰু ধৰ্মীয় বিধিমতে তাইক বিয়া কৰাই স্ত্ৰীৰ মৰ্যদা দিয়ে।

    মৰহি শুকাই যাবলৈ ধৰা প্ৰেমৰ ফুলপাহ পুনৰ সজীৱ হৈ উঠিলজীৱনৰ উল্লাস কলৰৱে ভৰি পৰিল সিহঁতৰ দাম্পত্য জীৱন।

    প্ৰেমাস্পদক হেৰুৱাই তাহিৰজানে প্রথমত বাবৰৰ সেনাবাহিনীত এজন সাধাৰণ সৈনিক হিচাপে যোগদান কৰিছিলঅসীম সাহস আৰু নিষ্ঠাৰ বলত সি এজন সাধাৰণ সৈনিকৰ পৰা বেগৰ মৰ্যদা পায় আৰু শেষত গৈ বাবৰৰ দেহৰক্ষীৰ চৰ্দাৰ হৈ পৰে৷

    বাবৰৰ কথা কওঁতে মাজে সময়েই তাহিৰৰ কথা কৈ অহা হৈছেবহু সংকটময় মুহূৰ্তত তাহিজানে বাবৰক আসন্ন মৃত্যুমুখৰ পৰা ৰক্ষা কৰিছে। হয়তো ঘটনাক্রমে তাহিৰ বাবৰৰ জীৱনলৈ নাহিলে বাবৰৰ হিন্দুস্থান বিজয় সম্ভৱ নহ'লহেঁতেন আৰু এক বিস্ময়কৰ বিৰল প্ৰতিভা অকালতে মহাকালৰ বুকুত হেৰাই গ'লহেঁতেন। ইতিহাসৰ বুকুত খোদিত নহ'লহেঁতেন সাহসী দৃঢ়চেতা সিংহ পুৰুষ বাবৰৰ অলেখ শ্বাসৰোধকাৰী বিস্ময়কৰ যুদ্ধ কাহিনী ।

    বাবৰ কিছু সুস্থ হৈ উঠাৰ পাছত গ্ৰেপ্তাৰ কৰা লোক কেইজনক সোধ-পোছ কৰা বিষয়াজন বাবৰৰ ওচৰলৈ আহিল৷

    হেকিম ইউছুফ বাবৰৰ কাষতে বহি আছিলতেওঁ বিষয়াজনক ইংগিতত কাষলৈ মাতি আনি ফুচফুচাই ক'লেবেছি বিৱৰি কোৱাৰ প্ৰয়োজন নাই। দুই এটা কথাত মাথোন আচল ঘটনা কওঁক

    বিষয়াজনে সোধ-পোছ কৰি পোৱা কথাখিনি বাবৰৰ ওচৰত থূলমূলকৈ বিৱৰি কৈ গ'

    মুখ্য কথা আছিল বৈদা চুলতানাৰ অপৰাধ স্বীকাৰবিহ প্ৰয়োগৰ পৰিকল্পনা তাই নিজেই কৰিছিল আৰু পৰিকল্পনাটো সফল কৰাৰ কাৰণে মানুহো তাই নিজেই ঠিক কৰিছিল। বাবৰক বিহু খুওৱাব পাৰি তাই সুখী। পুতেকৰ হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ ল'ব পাৰি তাই বর্তমান উৎফুল্লিতাইমান দিনে তাইৰ বুকুত জ্বলি থকা জুইকুৰা বৰ্তমান নুমাই গৈছে। বিষাদৰ ঠাইত হৃদয় উল্লাসেৰে ভৰি পৰিছে। বিষয়াজনে ইয়াকো জানিবলৈ যত্ন কৰিছে যে ষড়যন্ত্ৰৰ লগত ৰাণা সংগ্রাম সিঙো জড়িত আছিল নেকি? কিন্তু বৈদা চুলতানাই এই প্ৰশ্নৰ উত্তৰ দিবলৈ স্পষ্টভাবে অস্বীকাৰ কৰিছে। শাস্তি দিলে অৱশ্যে স্বীকাৰ কৰোৱাব পাৰিলেহেঁতেন। কিন্তু বৈদা চুলতানাৰ দৰে এগৰাকী বিশিষ্টা মহিলাক বাবৰৰ অনুমতি অবিহনে শাস্তি দিবলৈ বিষয়াজনে সাহ গোটাব পৰা নাই

    বিষয়াজনৰ মুখৰ পৰা ঘটনাৰ বিৱৰণ শুনি বাবৰ উত্তেজিত হৈ উঠিল। তেওঁ কম্পিত কণ্ঠত ক'লৈ- তাই জবাব দিবই লাগিব...সেই বদমাচ খানচামা.. সিও শাস্তি পাব লাগিবআটায়ে শাস্তি পাব লাগিব খানচামাজনক ম‍ই বিশ্বাস কৰিছিলোঁ....... সি ৰন্ধা আহাৰ খাইছোঁ....... আৰু সি পাষণ্ডই মোৰ লগত বিশ্বাসঘাতকতা কৰিছে...... কেনে জঘন্য তাৰ মানসিকতা!

    জাহাঁপনা, সেই বদমাচ কেইটাক দৃষ্টান্তমূলক শাস্তি দি হত্যা কৰা উচিত। যাতে বেলেগেও সেই শাস্তি প্ৰত্যক্ষ কৰি শিক্ষা পায়। বিষয়াজনে উত্তেজিত কণ্ঠত ক'লেমই সিহঁতৰ সাহস দেখি আচৰিত হৈ গৈছোঁ, জাহাঁপনা ।

    এৰা, সিহঁত দৃষ্টান্তমূলক শাস্তি পোৱাৰে যোগ্য। সিহঁত তৰোৱালৰ আঘাতত নৰ হত্যা কৰা হত্যাকাৰীতকৈও বেছি ভয়ংকৰ। বাবৰে খন্তেক মনে মনে থাকি আদেশ দিলেসেই তিনিজনক পৰম্পৰা মতে মৃত্যুদণ্ড দিয়ক। ইব্রাহীমৰ মাকৰ বিচাৰ পাছত কৰা হ'ব।

    আপোনাৰ আদেশ শিৰোধাৰ্যবিষয়াজনে মূৰদোঁৱাই বাবৰৰ পৰা অনুমতি লৈ কক্ষৰ পৰা ওলাই গ'ল৷

    অসীম মনোবল আৰু চিকিৎসাৰ ফলত বাবৰ তিনিদিন তিনিৰাতি মৃত্যুৰ লগত যুঁজি সুস্থ হৈ উঠিল৷ বাবৰ আৰোগ্য হৈ উঠাত শুভাকাংক্ষীসকলে স্বস্তিৰ নিঃশ্বাস পেলালে।

    বাবৰ সুস্থ হৈ উঠাৰ দিনাই সকলো বেগ, শুভাকাংক্ষী, পদস্থ বিষয়া আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাজপ্রতিনিধিসকল বাবৰৰ লগত সাক্ষাৎ কৰিবলৈ আহিলবাবৰে তেওঁলোকক ৰাজদৰবাৰলৈ মাতি পঠিয়ালে। আটায়ে দৰবাৰলৈ আহি পদ মর্যদা অনুসৰি আসন গ্রহণ কৰিলে। বাবৰ লাহে লাহে আহি সিংহাসনত বহিল। সিংহাসনত আৰোহণ কৰিয়ে তেওঁ বৈদা চুলতানাক দৰবাৰত হাজিৰ কৰাৰ কাৰণে আদেশ দিলে।

    বৈদা চুলতানাক দৰবাৰলৈ অনা হ'তাইৰ সোঁৱে বাঁৱে দুজন ৰক্ষী থিয় দি থাকিল।

    বৈদা চুলতানাৰ মূৰৰ চুলিবোৰ কপাহৰ দৰে বগা। বয়সৰ আঁচোৰত তাইৰ দেহ কিছু পৰিমাণে শিথিল যদিও তাই বুকু ফিন্দাই থিয় দি থাকিল।সিংহাসনৰ সোণালী ঢাপ, ৰাজমুকুটত লগোৱা মূল্যবান হীৰা-মুকুতাৰ চমক, বাবৰৰ শেঁতা চেহেৰা আৰু কোঠৰাগত চকুলৈ চাই তাই মূৰ দোঁৱালেপাচমুহূর্ততে তাই পুনৰ বুকু ফিন্দাই থিয় হ'ল।

    বাবৰৰ নিৰ্দেশত সোধ-পোছ আৰম্ভ হ'ল। তদন্তকাৰী বিষয়াজনে বৈদা চুলতানালৈ উদ্দেশ্য কৰি সুধিলেবাদচাহৰ হত্যাৰ প্ৰয়াসত মৃত্যুদণ্ড পোৱা অপৰাধীৰ বাহিৰেও আৰু কোন কোন এই কাৰ্যত জড়িত আছিল?

    সেয়া হত্যাৰ প্ৰয়াস নাছিলসেয়া আছিল মোৰ প্ৰতিশোধ স্পৃহা চৰিতাৰ্থ কৰাৰ প্ৰয়াস। বৈদা চুলতানাই নিৰ্ভীকভাবে ক'বলৈ ধৰিলেসেয়া আছিল আপোনাৰ বাদচাহৰ দ্বাৰা প্ৰবাহিত কৰা তেজৰ প্ৰতিশোধ। মোৰ লগত সহযোগিতা কৰা বাহলুল, আহম্মদ আৰু পৰিচাৰিকা একো একো গৰাকী ছহিদতেওঁলোকে বীৰৰ দৰে মৃত্যুবৰণ কৰিছে। এতিয়া মোৰ পাল পৰিছে। মৃত্যুলৈ মোৰ লেশমানো ভয় নাই৷ পুত্ৰ শোকত জ্বলি জ্বলি মই ইতিমধ্যেই ছাই হৈ গৈছোঁ । মোক হত্যা কৰি মোৰ ছাই বতাহত উৰুৱাই দিয়ক।

    বৈদা চুলতানাই ফাৰ্চী ভাষাত কথা কৈ থকাৰ কাৰণে আটায়ে তাইৰ কথাবোৰ বুজিব পাৰিছিলতাইৰ তেজোদীপ্ত বক্তব্য আটায়ে মনোযোগেৰে শুনিও আছিল৷ ফলত দৰবাৰ কক্ষত শ্বাসৰূদ্ধকাৰী পৰিবেশ বিৰাজ কৰি আছিলতাই যে মৃত্যুৰ বাবে সাজু হৈয়ে আহিছে তাইৰ নিৰ্ভীক ও তেজোদীপ্ত বক্তব্যত সেইটো স্পষ্টভাবে ওলাই পৰিছিল৷

    বৈদা চুলতানাই মৃত্যু ভয় জয় কৰাৰ কথাটো বাবৰৰ দৃষ্টিতো প্ৰকট হৈ উঠিছিল। বাবৰে ভাবিলে, মৃত্যু ভয় জয় কৰাৰ কাৰণেই তাই প্ৰতিটো শব্দ তীৰৰ ফলকৰ দৰে তীক্ষ্ণভাবে উচ্চাৰণ কৰিব পাৰিছেতাইৰ প্ৰতিটো শব্দৰ মাজতে তাইৰ মনৰ অভিব্যক্তি প্ৰকট হৈ আছে। ধূমায়িত হৈ আছে বিদ্বেষ। তীৰৰ দৰে তীক্ষ্ণ বাক্যবাণত জৰ্জৰিত বাবৰ উত্তেজিত হৈ সহায় সম্বলহীনা, পুত্ৰ শোকাতুৰা মাতৃ এগৰাকীক জল্লাদ মাতি কঠোৰৰ পৰা কঠোৰতৰ শাস্তি দি হত্যা কৰিবলৈ আদেশ দিয়াটো তাই যেন মনে-প্রাণে কামনা কৰি আছে৷ পৰাজয়েৰে তাই বিজয়ৰ যুগমীয়া কীৰ্তিভম্ভ নিৰ্মাণ কৰিব বিচাৰিছে। বাবৰে ক্রোধোন্মত্ত হৈ মৃত্যুদণ্ড বিহিলে জয় বৈদা চুলতানাৰে হ'তাইৰ নিৰ্ভীকতাৰ কথা চৌদিশে বিয়পি পৰিব ইতিহাসৰ পাতত এগৰাকী নিৰ্ভীক মহিলা হিচাপে চিৰদিন তাই অমৰ হৈ ৰ'তেতিয়া আটায়ে তাইক শ্ৰদ্ধাৰে সুঁৱৰিব। আটায়ে তাইৰ কীৰ্তি কাহিনী আন্তৰিকতাৰে স্মৰণ কৰিব আৰু বাবৰ চিৰদিন সেই কলংকিত কাহিনীৰ খলনায়ক হৈ থাকিবকথাবোৰ ভাবিয়ে বাবৰৰ ওঁঠৰ কোণত কৌতুকৰ হাঁহি বিৰিঙি উঠিল।

    নাই নাই, বৈদা চুলতানাই বিচৰামতে তাইক জয়ী হ'বলৈ দিয়া নহ'ব। বৈদা চুলতানাৰ ওপৰত তেওঁ নিজেই বিজয় সাব্যস্ত কৰিবযেনেকৈ তেওঁ বিহৰ প্ৰতিক্ৰিয়াৰ ওপৰত ধৈৰ্য আৰু দৃঢ়তাৰে বিজয় সাব্যস্ত কৰিছে।

    অন্তৰত সঞ্চাৰিত হোৱা ক্ষোভ, আক্রোশ সংযত কৰাৰ কাৰণে বাবৰ কেইটামান মুহূৰ্ত নীৰৱ হৈ থাকিল৷

    এই ছেগতে মালিক দাদ কাৰাণী নামৰ বেগ এজনেও বৈদা চুলতানাৰ মনোভাব উপলব্ধি কৰিব পাৰি ক'লেনিজক প্রতিশোধ লোৱা ছহিদ বুলি ভাবিবলৈ চেষ্টা নকৰিব, ইব্রাহীম মাতৃ। বাদচাহ বাবৰৰ লগত বেইমানী কৰি আপুনি বৰ নিকৃষ্ট কাম কৰিছে।

    চুপ কৰা বিদ্ৰোহী। বৈদা চুলতানাই ধমকিৰ সুৰত ক'লেমোৰ পুত্ৰহন্তাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে ম‍ই উপযুক্ত কামেই কৰিছোঁ।

    আপুনি মাতৃ জাতিৰ পবিত্ৰ নামত কলংক লেপন কৰিছে। জাহাঁপনাই আপোনাক আই বুলি সম্বোধন কৰি আপোনাৰ সন্মান বঢ়াইছিল। আপুনি সেই সন্মানৰ মূৰত কুঠাৰাঘাত কৰিছে। আপুনি সিদিনা যে কৃতজ্ঞতাৰ চকুলো টুকিছিল, সেইকথা আপুনি পাহৰি গ'ল নেকি, ইব্রাহীম মাতৃ?

    নাই নাই, সেয়া কৃতজ্ঞতাৰ চকুলো নাছিলসেয়া আছিল মোৰ ঘৃণাৰ চকুলো৷ যাৰ কাৰণে মোৰ ইব্রাহীম অকালতে ছহিদ হৈছে, মই কেতিয়াও তাৰ মাতৃ হ'ব নোৱাৰোঁকোনো মাতৃয়েই সেয়া হ'ব নোৱাৰে৷

    বাবৰ তেতিয়াও নিমাততেওঁ আচ্ছন্নৰ দৰে বৈদা চুলতানাৰ প্ৰগভলতা উপভোগ কৰি থাকিল

    কাৰাণীয়ে উদীপ্ত কণ্ঠত কৈ যাবলৈ ধৰিলেআপোনাৰ পুতেকৰ ওচৰত বাবৰতকৈও দহগুণ বেছি সৈন্য আছিল। মই ভালদৰে জানো, সি যুদ্ধত জয়ী হ'লে বাবৰ পক্ষৰ এজন সৈন্যকো জীয়াই নাৰাখিলেহেঁতেন। ইব্রাহীমৰ অত্যাচাৰ- উৎপীড়নত অতিষ্ঠ হৈয়ে হিন্দুস্থানৰ লোক কিছুমানে বাবৰক মাতি আনিছেযুদ্ধ সদায় যুদ্ধইতাত এক পক্ষৰ জয় হ'লে আন পক্ষৰ পৰাজয় নিশ্চিতবাদচাহ বাবৰে মুকলি প্ৰান্তৰত তৰোৱালৰ বিৰুদ্ধে তৰোৱালেৰে ন্যায় যুদ্ধই কৰিছেআপোনাৰ হৃদয়ত তিলমানো যদি মনুষ্যত্ব থাকিলহেঁতেন, তেনেহ'লে আপুনি এনেকুৱা হিংস্ৰ কপটতাৰ আশ্ৰয় নল'লেহেঁতেন।

    ম‍ই এজনী অবলা নাৰীমই তৰোৱাললৈ যুঁজিব নাজানোগতিকে বিহেই মোৰ তৰোৱালবিদেশী আক্রমণকাৰীয়ে আমাৰ দেশৰ হাজাৰ হাজাৰ মানুহ হত্যা কৰিছে। সমগ্র হিন্দুস্থানত বিদ্বেষৰ বিষবাষ্প বিয়পাই দিছেবহু মাতৃয়ে মোৰ দৰে শোক বস্ত্ৰ পৰিধান কৰিব লগা হৈছে। বহু বিধবাই চকুলো টুকি টুকি স্বামীৰ লগত সহমৰণত যাব লগা হৈছে। ম‍ই যি বিহ দিছোঁ, সেই বিহ আক্ৰমণকাৰীৰ স্বপোর্জিত কর্মফল। সেই বিহ আছিল এতিম আৰু বিধৱাৰ চকুলোৰে সিক্ত। বৈদা চুলতানাই কথাবোৰ কওঁতে প্ৰতিটো শব্দই তীৰৰ ফলকৰ দৰে তীক্ষ্ণ ও স্পষ্টভাবে উচ্চাৰণ কৰি গ'ল৷

    দীঘল দঢ়ীয়া বেগ এজনে বাবৰৰ আগত মূৰ দোঁৱাই ক'লেজাহাঁপনা, আমি উন্মাদ বুঢ়ীৰ প্ৰলাপ বহুত শুনিলোঁএতিয়া জল্লাদ মাতি এওঁৰ বাগ্মীতা বন্ধ কৰাৰ আদেশ দিয়ক।

    হয় হয়, টুকুৰা-টুকুৰ কৰি কটাৰ আদেশ দিয়কআন এজন বেগে কলে।

     বৈদা চুলতানা গর্জি উঠিলমই মৰিবলৈ ভয় নকৰোঁ, মৰিবলৈ মোৰ অকণো ভয় নাই

    সভাসদসকলে বৈদা চুলতানাৰ প্ৰাণদণ্ডৰ বাবে দাবী জনাবলৈ ধৰিলে এই উন্মাদ বুঢ়ীক হাতীৰ ভৰিৰ তলত ঠেলি দি গচকাই মাৰিব লাগে। বস্তাৰ ভিতৰত ভৰাই ওখ স্তম্ভৰ পৰা তললৈ পেলাই দি মাৰিব লাগে৷ এইদৰে নানাজনে নানা পৰামৰ্শ আগবঢ়াবলৈ ধৰিলে।

    বাবৰে আটাইকে শান্ত হ'বলৈ আহ্বান জনালেআপোনালোক অনুগ্রহ কৰি শান্ত হওঁক। মোক ভাবিবলৈ সময় দিয়ক

    বাবৰৰ আহ্বানত আটায়ে শান্ত হ'ল ।

    বাবৰে শান্ত সংযত কণ্ঠত কলেএই পুত্ৰ শোকাতুৰা জ্ঞানী মাতৃৰ মাথোন এটাই শাস্তিমৃত্যুতকৈও ভয়ানক শাস্তি। মাননীয় সভাসদসকল, আপোনালোকে শুনিলে যে মহামান্য মাতৃৰ হৃদয়পুত্ৰহাৰা মাতৃ, পতিহাৰা বিধবা আৰু পিতৃ হেৰুৱা সন্তানৰ কাৰণে কান্দি আছে। বাবৰে এইদৰে কৈয়ে খন্তেক ৰৈ কণ্ঠস্বৰ সলনি কৰি ক'লেকিন্তু তেওঁ কোৱা কথাবোৰ একেবাৰে গোকাট মিছা কথাএওঁৰ স্নেহধন্য পুতেকে বাংলা, গোৱালিয়ৰ আৰু চুবুৰীয়া ৰজাৰ লগত বহু যুদ্ধ কৰিছেসেইবোৰ যুদ্ধত হাজাৰ হাজাৰ মানুহো নিশ্চয় মৰিছে। বাবৰে বৈদা চুলতানাৰ ফালে তির্যক দৃষ্টি নিক্ষেপ কৰি ভ্ৰূকুটি মিশ্ৰিত সুৰত ক'লেমোক অলপ কবনে মাতৃতেতিয়া আপুনি কি কৰিছিল?

    মালিক দাদ কাৰাণী ইব্রাহীম লোডীৰ এজন সভাসদ আছিল। পানীপত যুদ্ধৰ পৰাজয়ৰ পাছত বাবৰৰ বশ্যতা স্বীকাৰ কৰি বাবৰৰ সভাসদসকলৰ এজন সদস্য হৈ আছে। তেওঁ তৎক্ষণাৎ বহাৰ পৰা থিয় হৈ বাবৰক সমৰ্থন কৰি ক'লেযোৱা তিনি বছৰত আমাৰ ফালৰ পৰাই যাঠি হাজাৰ সেনা মৰিছে, জাহাঁপনা ।

    বাৰু, সভাসদসকলআপোনালোকে এসময়ৰ ইব্রাহীম লোডীৰ সভাসদ মালিক দাদ কাৰাণীৰ মুখত শুনিলে যে, যোৱা তিনি বছৰত কিমান মানুহ এই সন্মানীয় মাতৃৰ পুতেকৰ লোভৰ বলি হৈছেএই সন্মানীয়া মাতৃৰ পুতেক এই  সিংহাসনতবাবৰে ৰাজসিংহাসনত চপৰিয়াই চপৰিয়াই ক'লেসন্মানীয়া মাতৃৰ পুতেক দহ বছৰ এই সিংহাসনত অধিষ্ঠিত আছিলহিন্দুস্থান বিশাল জনসংখ্যাৰ দেশ। মানুহৰ অভাৱ নাইএজনে আনজনক হত্যা কৰাৰ কাৰণেআপোনালোকে জানে, ইব্রাহীম লোডীয়ে সদায় ভেৰোণীয়া সৈন্য নিয়োগ কৰিছিলকাৰণ তাৰ হাতত ধনৰ অভাৱ নাছিল। কিন্তু সি সেই ধন-সোণ সৌধাদি নির্মাণ বা সাম্ৰাজ্যৰ কল্যাণৰ বাবে খৰচ কৰা নাছিল। সি ধন-সোণ খৰচ কৰিছিল হাজাৰ হাজাৰ ভেৰোণীয়া সৈন্য কিনাৰ কাৰণেসৈন্য কিনি যুদ্ধক্ষেত্ৰলৈ ঠেলি দিয়াৰ কাৰণেহিন্দুস্থানৰ পবিত্ৰ সেউজ মাটি তেজেৰে ৰঞ্জিত কৰাৰ কাৰণেইব্রাহীম আছিল এজন অদক্ষ সেনা নায়কতাৰ প্ৰমাণ পানীপত যুদ্ধ৷ এজন সেনানায়কৰ সাফল্য আৰু দক্ষতা যুদ্ধ জয়েৰে পৰিমাপ কৰা নহয়দক্ষতা আৰু সাফল্য পৰিমাপ কৰা হয় ক্ষয়-ক্ষতিৰ জৰিয়তেহে। পানীপতৰ যুদ্ধত আমি হেৰাইছোঁ মাথোন দুহেজাৰ সৈন্য আৰু ইব্রাহীম লোডীয়ে হেৰাইছে ত্রিশ হাজাৰ সৈন্যতথাপি সিও আমাৰ তৰোৱাল বা বন্দুকৰ কাৰণে নহয়। হেৰাইছে নিজৰ অদক্ষতাৰ কাৰণে৷ তাৰ নিজৰ বাহিনীৰ গচকতে তাৰ সৰহ সংখ্যক সৈন্য মৰিছে। ইব্রাহীম নিজেও হয়তো তাৰ নিজৰে হাতীৰ চিকাৰ হৈছে। এই কথা অৱশ্যে মই নাজানো, মাথোন অনুমানহে কৰিছোঁ৷ সন্মানীয়া মাতৃ যদি ইমানেই মানৱ দৰদীবাবৰ বহাৰ পৰা উঠি থিয় হ'ল৷ গমগমাই উঠিল তেওঁৰ কণ্ঠস্বৰইমানেই যদি মানৱ দৰদীমৃত সৈন্যৰ মাক, বিধবা পত্নী আৰু সন্তানসকলৰ প্ৰতি ইমানেই যদি হৃদয় বিগলিত, তেনেহ'লে সন্মানীয়া মাতৃয়ে কিয় যুদ্ধত ইমান সংখ্যক মানুহ মৰিবলৈ দিছিলনিজৰ সুযোগ্য পুতেকক কিয় যুদ্ধ কৰিবলৈ নিষেধ কৰা নাছিল? তাক বৃথা ৰক্তপাত কৰাৰ পৰা বিৰত কৰা নাছিল কিয় ?

    মই মাথোন এজনী মাতৃ । বাদচাহক হুকুম দিয়া মোৰ আয়ত্বৰ বাহিৰত আছিল। বৈদা চুলতানাই বাবৰৰ যুক্তি খণ্ডন কৰিব নোৱাৰি এইবাৰ অভিযোগ কৰাৰ পৰিবৰ্তে মাথোন আত্মপক্ষ সমর্থন কৰাৰ চেষ্টা কৰিলে৷

    আৰু আমি সেই যুদ্ধ পিপাসু যোদ্ধাৰ যুদ্ধ পিপাসা নিবাৰণ কৰিবলৈ ইয়ালৈ আহিছোঁ৷ আমি ইয়ালৈ আহিছোঁঅত্যাচাৰীৰ অত্যাচাৰৰ পৰা হিন্দুস্থানৰ মানুহক ৰক্ষা কৰি সুখী সমৃদ্ধ মংগলকামী সাম্রাজ্য প্রতিষ্ঠা কৰাৰ কাৰণে। আমি যি সংকল্প লৈ আহিছোঁ, আমি তাক বাস্তৱত পৰিণত কৰি দেখুৱামএই কপট প্ৰৱঞ্চক মাতৃৰ কাৰণে ভয়াৱহ শাস্তি হব আমি এওঁৰ বিদ্বেষ আক্রোশৰ জলন্ত দৃষ্টিৰ সন্মুখত থাকিয়ে ইয়াত শাসন কার্য চলামআমি সংকল্পলৈ অহা কাম আমি এই মাতৃক কৰি দেখুৱাম।

    ধন্যবাদ, বাহবামালিক দাদ কাৰাণীয়ে বাবৰৰ মহানুভৱতাক শলাগিলে

    আটায়ে অভিভূতৰ দৰে বাবৰৰ দ্বন্দ্বৰ ওপৰত বিজয় সাব্যস্ত উপভোগ কৰিবলৈ ধৰিলে

    বাবৰে দৃঢ়কণ্ঠত ক'লেএই মাতৃৰ হৃদয় বিধবা পত্নী, সন্তানহাৰা মাতৃ আৰু পিতৃহাৰা সন্তানৰ কাৰণে বিগলিতা। গতিকে মই হুকুম দিলোঁআব্দুল কৰিম বেগ.......

    বাওঁফালৰ শাৰীৰ পৰা এজন বলিষ্ঠ সুগঠিত বেগ থিয় হৈ অভিবাদন জনাই ক'লেআদেশ কৰক, জাহাঁপনা

    আপুনি এই মাতৃৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি যমুনাৰ পাৰত এটা অন্নসত্ৰ নিৰ্মাণ কৰক। এওঁৰ চাকৰ বাকৰসকলে তাত কাম কৰিব আৰু প্ৰতিদিন বিধবা আৰু এতিমসকলক তাত খুৱাব

    আপোনাৰ হুকুম শিৰোধাৰ্য। আব্দুল কৰিম বেগে মূৰ দোঁৱাই ক'লে।

    আৰু আপুনি আজীৱন সেই অন্নসত্ৰ চোৱাচিতা কৰিব।

    জাহাঁপনা। আব্দুল কৰিম বেগে বিমোৰৰ দৰে বৈদা চুলতানালৈ আঙুলিয়াই ক'লেএওঁৰ প্ৰাণদণ্ড নহয় নেকি, জাহাঁপনা?

    মোৰ যি ক'ব লগা আছিল, সেয়া মই কৈ শেষ কৰিছোঁ ৷

    প্রাণদণ্ড নহয় নেকি? অপেক্ষিত বাঞ্ছিত মৃত্যুৰ ভয়াবহ নিষ্ঠুৰ স্পর্শ তাই অনুভৱ নকৰে নেকি ?

হঠাৎ বৈদা চুলতানাৰ হৃদয়ত জীৱনৰ উষ্ম উচ্ছ্বাস জাগি উঠিল। ভয়ত তাই অস্থিৰ হৈ উঠিল। তাইৰ হৃদয় কঁপি উঠিল৷

    দুহাতেৰে মুখ ঢাকি তাই কান্দি পেলালেলগে লগে কাঁহ পৰি জীন গ'ল দৰবাৰ কক্ষ

এমাহমানৰ ভিতৰত বাবৰ বেমাৰৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিল৷ বেমাৰৰ পৰা আৰোগ্য হৈ উঠিয়ে তেওঁ সাম্রাজ্যৰ উন্নয়নমূলক কামত মনোযোগ দিলেসাম্ৰাজ্য বিস্তাৰৰ সমান্তৰালভাবে তেওঁ সৌধাদি নির্মাণ আৰু কাব্যচৰ্চাও কৰি যাবলৈ ধৰিলেমৌলানা খান দমীৰ, শায়েৰ চিহাব মুয়ন্সী, মুদাৰ্ৰিছ ইব্রাহীমকে আদি কৰি ভালেমান বিশিষ্ট কবি আৰু বাস্তুশিল্পী ফজিলুদ্দিক হিৰাতৰ পৰা আমন্ত্ৰণ কৰি আনিলেকাব্যচর্চা, নানা উন্নয়নমূলক কাম আৰু যুদ্ধ-বিগ্ৰহৰ লগতে তেওঁ আত্মজীৱনী 'বাবৰ নামা'ও লিখি যাবলৈ ধৰিলে৷

    পানীপত যুদ্ধৰ প্ৰায় এবছৰ পাছত বাবৰ মেৱাৰৰ ৰাণা প্ৰৱল প্ৰতাপী সংগ্রাম সিংহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। একে সময়তে বিহাৰ খাঁৰ নেতৃত্বত পূব দিশত আফগান জাইগীৰদাৰসকলো বিদ্ৰোহী হৈ উঠে। চাহজাদা হুমায়ুনে আফগান বিদ্ৰোহীসকলক পৰাস্ত কৰি জৌনপুৰ, গাজীপুৰ, কালপী আদি ঠাই দখল কৰে।

    ইয়াৰ পাছত বাবৰ আৰু সংগ্ৰাম সিংহৰ মাজত খানুৱা নামৰ এখন ঠাইত তয়াময়া যুদ্ধ হয়। উক্ত যুদ্ধত সংগ্ৰাম সিংহ পৰাস্ত হৈ প্ৰাণলৈ পলাই যায়। এই খানুৱা যুদ্ধ জয়ে মোগলসকলক উত্তৰ ভাৰতত অপ্রতিদ্বন্দ্বী কৰি তোলে

    ৰাজপুত শক্তিক বশ কৰাৰ দুবছৰমান পাছত আফগান চৰ্দাৰসকল একগোট হৈ বাবৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। চুনাৰ আৰু ঘৰ্ঘৰা নামৰ ঠাইত হোৱা যুঁজত আফগানসকল বাবৰৰ হাতত পৰাস্ত হয়। ফলত মধ্য এছিয়াৰ অক্সাচ উপত্যকাৰপৰা ঘৰ্ঘৰা আৰু হিমালয়ৰপৰা গোৱালিয়ৰলৈকে মোগল অধিকাৰ প্ৰতিষ্ঠিত হয়।

    কিছুদিনৰ ভিতৰতে বাবৰৰ সাম্ৰাজ্য ইমান বিস্তৃত হৈ পৰিল যে, এজন অশ্বাৰোহীয়ে সাম্ৰাজ্যৰ ইটো প্ৰান্তৰৰ পৰা সিটো প্ৰান্তৰলৈ তিনি মাহতো ভ্রমণ কৰা টান হৈ পৰিলবলখৰ পৰা কাবুল, কাবুলৰ পৰা লাহোৰ আৰু লাহোৰৰ পৰা আগ্ৰা পৰ্যন্ত বিস্তৃত বিশাল ভূমিভাগত নিৰ্বিচাৰে বাবৰৰ হস্তাক্ষৰিত আজ্ঞা প্রতিপালিত হ'বলৈ ধৰিলে৷

    ব্যৱসায়-বাণিজ্য প্রসাৰৰ কাৰণে বাবৰে সাম্ৰাজ্যৰ বিক্ৰী কৰ হ্ৰাস কৰি দিলে৷ ফলত ব্যৱসায়-বাণিজ্যই অভূতপূৰ্ব প্ৰসাৰ লাভ কৰিলে। উজবেকিস্থান, তাজিকিস্থান আৰু ইৰাণলৈকো ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰ প্ৰসাৰিত হ'কৰ হ্ৰাসৰ ফলত দেশীয় ব্যৱসায়ী সকলো যথেষ্ট লাভবান হ'ল। বাবৰে সাম্ৰাজ্যত মদ্যপান নিষিদ্ধ কৰি দিলেফলত হত্যা, লুণ্ঠন, চুৰি আদিৰ দৰে বহুতো অসামাজিক দুর্নীতি হ্রাস পালে। সাম্রাজ্যত শান্তি শৃংখলা বিৰাজ কৰিবলৈ ধৰিলে। ইব্রাহীম লোডীৰ দিনত নিৰাপত্তাহীনতাত ভূগি থকা মানুহবোৰৰ জীৱনলৈ পুনৰ শান্তি সমৃদ্ধি ঘূৰি আহিল৷

    শিল্পী ফজিলুদ্দিনৰ জৰিয়তে সৌধ, বাগিচা আদি নিৰ্মাণ কৰি আগ্ৰা চহৰখন আটাকধুনীয়াকৈ সজাই তুলিলেফলত আগ্ৰা চহৰখন নতুনকৈ প্ৰাণ পাই মুখৰ হৈ উঠিল।

    বাবৰে বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলেও তেওঁৰ স্বাস্থ্য লাহে লাহে অৱনতিৰ ফালে ঢাল খাবলৈ ধৰিলেদিনৰ বেছিভাগ সময় তেওঁ শায়েৰ খাঁন দমীৰৰ লগত কাব্যচৰ্চা কৰি অতিবাহিত কৰিবলৈ ধৰিলে৷ মাহিম বেগমসহ পৰিয়ালৰ অন্যান্য সদস্যবর্গকো তেওঁ কাবুলৰ পৰা আগ্ৰালৈ মতাই অনালে

 

    গ্ৰীষ্ম ঋতু। বাবৰে সিদিনা আত্ম জীৱনী লিখাত ব্যস্ত হৈ আছিল। এনেতে তাহিৰ বেগে এখন সোণৰ কাঁহীত কেইথোপামান আঙুৰ লৈ আহি বাবৰৰ সন্মুখত থ'লে৷

    আঙুৰ দেখি বাবৰে বিস্মিত হৈ সুধিলেআঙুৰ! এয়া আকৌ ক'ৰ পৰা আনিলে?

    বাগান হস্ত বেহেস্ত'ৰ পৰা জাহাঁপনা। আপুনি যে চমকন্দৰ পৰা আঙুৰ গছৰ কলম অনাই ৰুইছিল, আপোনাৰ মনত আছে নে জাহাঁপনা ?

    বাবৰৰ কথাটো মনত পৰিলচমকন্দৰ পৰা আঙুৰ গছৰ কলম অনাই ৰোৱাৰ কথাটো তেওঁ পাহৰিয়ে গৈছিল।

    বাবৰে উৎসাহিত হৈ ক'লে' হয় নেকি? বৰ আনন্দৰ কথাসিদিনা ম‍ই যমুনাৰ পাৰত ৰোৱা আঙুৰবোৰো পকিবলৈ আৰম্ভ কৰা দেখিছোঁচমকন্দৰ পৰা অনা বগা বেদানা, কিচমিচ্ আদিও ডাল ভৰি লাগিছেএইবোৰ মাহিম বেগমক দেখুৱাব লাগিবএইবোৰ দেখিলে তাই বৰ আনন্দ পাব। বলক, কাঁহীলৈ বেগমৰ ওচৰলৈ ব'লক।

    মাহিম বেগম প্রাসাদৰ বাৰান্দাত বহি হুমায়ুনলৈ পত্র লিখি আছিল। বাবৰক দেখি তাই প্রত্যেক বাৰৰ দৰে বহাৰ পৰা উঠি বাবৰৰ আগত মূৰ দোঁৱালে

    বেগম চাওঁকচোনবাবৰে তাহিৰে ধৰি থকা আঙুৰৰ কাঁহীখনলৈ আঙুলিয়াই কলেএই আঙুৰবোৰ দেখাত চমৰকন্দৰ আঙুৰৰ দৰে লগা নাইনে বাৰু ? এই আঙুৰৰ কলম চমৰকন্দৰ পৰা আনি লগোৱা হৈছিল৷

    মাহিম বেগম তেতিয়া হুমায়ুনৰ চিন্তাত ব্যাকুল হৈ আছিল। গতিকে তাইৰ আঙুৰ খোৱাৰ বা দেখাৰ মন বা মানসিকতা কোনোটো নাছিলতথাপিও বাবৰে মনত দুখ পাব বুলি ভাবি তাই তাহিৰৰ হাতৰ পৰা কাঁহীখনলৈ মেজৰ ওপৰত নমাই থ'লে৷

    পতি-পত্নীক একান্তে এৰি থৈ তাহিৰ বেগ নিঃশব্দে বাৰান্দাৰ পৰা নামি গ'ল। মাহিম বেগমৰ চকুৰ পৰা লোতক বৈ থকা কাৰণে চকুৰ পতা সেমেকি আছিল। তাই কোনো ধৰণৰ কথা ক'ব পৰা পৰিস্থিতিতো নাছিল তেতিয়া৷

    মাহিম বেগমৰ চকুত লোতক দেখি বাবৰ ব্যাকুল হৈ উঠিল। তেওঁ আথে-বেথে সুধিলেকি হ'ল বেগম, আপুনি কান্দিছে কিয় ?

    উশাহ-নিশাহ লোৱাত বৰ কষ্ট হৈ আছে, জাহাঁপনা। মাহিম বেগমে নিৰাসক্ত বাবে সংক্ষেপে উত্তৰ দিলে।

    মাহিম বেগমৰ বয়স কেতিয়াবাই চল্লিশৰ দেওনা পাৰ হৈ গৈছে। শৰীৰত মেদ জমি তাই যথেষ্ট শকতো হৈ পৰিছিল আৰু ছালৰ কমনীয়তা বহু পৰিমাণে নাইকিয়া হৈ গৈছিল। ফলত গাৰ ছাল শুকান আৰু খহটা হৈ পৰিছিলতদুপৰি তাই পাহাৰীয়া চেঁচা আৱহাওৱাত অভ্যস্ত আছিলগতিকে তাই ভাৰতৰ গৰম আৱহাওৱাত বৰ অস্বস্তি আৰু কষ্ট অনুভৱ কৰি আছিলতদুপৰি হুমায়ুনৰ চিন্তাতো তাই অস্থিৰ হৈ আছিলহুমায়ুন তেতিয়া চম্ভলৰ শাসনভাৰ চম্ভালি আছিল৷

    প্ৰথম অৱস্থাত মোৰো কষ্ট হৈছিল, বেগম। বাবৰে মাহিম বেগমক সান্ত্বনা দিয়াৰ কাৰণে ক'লেকিছুদিন থাকিলে আপুনিও এই আবহাওৱাত অভ্যস্ত হৈ উঠিব। লওঁক, আঙুৰ খাওঁক

    মাহিম বেগমৰ আঙুৰ খাবলৈ মুঠেই ইচ্ছা নাছিল। তথাপি তাই বাবৰৰ অনুৰোধত দুটামান আঙুৰ মুখত ভৰালে। আঙুৰৰ সোৱাদৰ প্ৰতি ভ্রূক্ষেপ নকৰাকৈয়ে তাই মাথোন বাবৰক সান্ত্বনা দিয়াৰ কাৰণে ক'লে ভালদৰেই পকিছে; খাবলৈকো বৰ সোৱাদ হৈছে। লওঁক, আপুনিও খাওঁক। মাহিম বেগমে বাবৰলৈ আঙুৰ আগবঢ়ালে।

    আপুনি চিঠি লিখি আছিল নেকি? বাবৰে আঙুৰ চোবাই চোবাই ক'লে।

    হয়, হুমায়ুনলৈ। আচলতে মোৰ আৱহাওৱাৰ কাৰণে উশাহ-নিশাহ লোৱাত কষ্ট হৈ থকা নাইকষ্ট হৈছে পুত্ৰ স্নেহৰ কাৰণে। অৱৰুদ্ধ জলৰাশি যেন বান্ধ ভাঙি ওলাই আহিল। তাই আবেগিক কণ্ঠত জোৰে জোৰে ক'বলৈ ধৰিলেহুমায়ুনৰ চিন্তাত ম‍ই ব্যাকুল হৈ উঠিছোঁ, জাহাঁপনা। মোক কষ্ট দিয়াৰ কাৰণেই যেন আপুনি জানি বুজি হুমায়ুনক মোৰ পৰা আঁতৰাই ৰাখিছেমই কাবুলত থকা সময়ত সি থাকিল গংগা-যমুনাৰ দেশত; মই আগ্ৰালৈ অহাত তাক পঠালে বদবখশ্বালৈ। বৰ্তমান তাক পঠাইছে চম্ভলৰ চুবেদাৰ কৰিকোনো দূৰণিবটীয়া ঠাইত বিদ্রোহই দেখা দিলেই তাক আপুনি তালৈকে পঠায় আৰু ম‍ই পুতেকৰ আগমন অপেক্ষাত বাট চাই চাতকৰ দৰে ছট্‌ফটাই থাকোঁ। মোৰ হৃদয় ক্ষত- বিক্ষত হৈ গৈছে, জাহাঁপনা৷ মই হুমায়ুনৰ বিচ্ছেদ সহিব নোৱাৰা হৈছোঁ৷

    আপুনি ইমান অস্থিৰ হৈছে কিয় বেগম ? হুমায়ুনে নিজেই চম্ভললৈ যোৱাৰ কাৰণে মোৰ ওচৰত আবেদন জনাইছিল। তাৰ ইচ্ছা অনুসৰিয়ে তাক চম্ভললৈ পঠোৱা হৈছে।

    মাহিম বেগমে অভিযোগ ভৰা কণ্ঠত ক'লেআপুনি অস্থিৰ নোহোৱাকৈ থাকিব পাৰিছে, কাৰণ আপোনাৰ হুমায়ুনৰ বাহিৰেও বেলেগ সন্তান আছে। হুমায়ুনেই মোৰ একমাত্ৰ সন্তান। তিনিজনক আগতেই কবৰ দিছোঁভাবি চাওঁক, মোৰ মাতৃ হৃদয়ৰ অৱস্থা কি হ'ব পাৰে!

    মাহিম বেগমে উচুপিবলৈ ধৰিলে। বাবৰে কিবা কোৱাৰ আগতেই ফুটুকা-ফুটকি পোচাক পৰিধান কৰি গুলবদন দৌৰি আহি বাবৰক সাৱটি ধৰি আনন্দত জঁপিয়াবলৈ ধৰিলে। কিন্তু মাহিম বেগমক উচুপি থকা দেখি তাই পাচমুহূৰ্ততে মাটিৰ পুতলাৰ দৰে থৰ হৈ পৰিল

    বাবৰে অৱশ্যে ক'ব পাৰিলেহেঁতেনহিন্দাল আৰু গুলবদনতো তাইৰে সন্তান। কিন্তু বাবৰে কথাটো ভাবোঁতেই মাহিম বেগমে পুনৰ ক'বলৈ ধৰিলে হুমায়ুনৰ দৰে মিৰ্জা কামৰাণতো আপোনাৰে সন্তান। সিতো তাৰ মাকৰ লগত লাহোৰত আছে। একমাত্র হুমায়ুনকে কিয় সংকটৰ ঢাল কৰি ৰাখিছে আপুনি?

    বাবৰে এইবাৰ ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। মাহিম বেগমৰ শ্লেষ মিহলি তীক্ষ্ণ বাক্যবাণত তেওঁৰ তীক্ষ্ণ অনুভূতি ক্ষত-বিক্ষত হৈ পৰিলমাহিম বেগমৰ অভিযোগ খণ্ডন কৰিবলৈ তেওঁ খঙেৰে সৈতে 'লেহুমায়ুনক সংকটৰ ঢাল কৰি ৰখাৰ কাৰণ হ'ল সি ভৱিষ্যত শাসকমোৰ মৃত্যুৰ পাছত সিয়েই সিংহাসনৰ দায়িত্ব ল'ব লাগিব৷ গতিকেই তাৰ অভিজ্ঞতাৰ প্ৰয়োজন দেশৰ প্ৰত্যন্ত প্ৰান্তৰৰ খুটি-নাটি সি জনাটো আৱশ্যক। সি কষ্ট আৰু সংকট মোকাবিলা কৰিবলৈ অভিজ্ঞতা সঞ্চয় কৰাটো জৰুৰীতাৰ এই বয়সত ম‍ই তাতকৈও বেছি কষ্ট কৰিবলগীয়া হৈছিল

    কিন্তু ম‍ই এজনী মাতৃহুমায়ুনৰ কথা মনত পৰাৰ লগে লগে মোৰ অন্তৰখন হমহমাই উঠে। কিন্তু আপোনাৰ তাতে কি আহে যায়! মোৰ বাহিৰেওতো দুজনী যুৱতী নাৰী আপোনাৰ বিদ্যমান

    গুলবদনে মাক-দেউতাকৰ এই ধৰণৰ কথা-বাৰ্তা প্ৰথমবাৰৰ কাৰণে শুনি আছিল৷ উত্তেজিত দেউতাকক অন্যফালে মুখ ঘূৰাই থকা দেখি তাইৰ শিশু মনেও অশুভ বাৰ্তাৰ ইংগিত পালে। আগতে এজনে আনজনক কিমান ভাল পাইছিল সৰু হ'লেও তাইৰ সেইকথা উপলব্ধি কৰিবলৈ অসুবিধা নহৈছিল। কাবুলৰ পৰা আগ্ৰালৈ আহি থকাৰ সময়ত বাটত দেউতাকৰ লগত ভাবী মিলনৰ আনন্দত মাকৰ চকু-মুখত যি ব্যাকুলতাৰ পূৰ্বাভাস তাই প্রত্যক্ষ কৰিছিল সেই দৃশ্য আজিও তাইৰ মনত জল্ জল্ পট্‌পট্‌কৈ জিলিকি আছে। মাক মাহিম বেগমৰ আগমনত দেউতাকে যিদৰে আনন্দিত ও উচ্ছ্বসিত হৈ উঠিছিল সেইকথা ভাবিলে আজিও তাই পুলকিত হৈ উঠে। মাকৰ প্ৰতি দেউতাকৰ ইমান ভালপোৱা! বাবৰৰ বাহিৰে কোনো মোগল শাসকেই নিজৰ পত্নীৰ প্ৰতি ইমান সন্মান প্ৰদৰ্শন কৰা নাই বুলি মানুহবোৰে পৰস্পৰে কোৱা-মেলা কৰাও তাই শুনিছে।

    এই গুলবদনেই পৰিণত বয়সত হুমায়ুন নামা' লিখিছিল। সৰুৰে পৰাই তাই তীক্ষ্ণ অনুভূতি আৰু সূক্ষ্ম অৰ্ন্তদৃষ্টিৰ অধিকাৰিণী আছিলগতিকে তাই মাক-দেউতাকৰ মাজত হোৱা বাক-বিতণ্ডাৰ কাৰণ বিচাৰি চিন্তান্বিত হৈ পৰিল৷

    বাবৰৰ অনুভূতিতো গুলবদনৰ এই ভাবান্তৰৰ কথা ধৰা পৰিলগতিকে তেওঁ অশুভ পৰিস্থিতিৰ পৰা গুলবদনক আঁতৰাই পঠাবলৈ কাঁহীৰ পৰা এথোপা আঙুৰ হাতত লৈ গুলবদনলৈ আগবঢ়াই ক'লেযোৱা, এই আঙুৰবোৰ বাগিচাত বহি খোৱাগৈ, যোৱা

    গুলবদনে বিশেষ আপত্তি নকৰি চিন্তান্বিতভাবে আঙুৰ থোপালৈ বাগিচাৰ ফালে গুচি গ'

    উত্তেজনা ও ক্ষোভত বাবৰৰ চকুৰ পৰা চকুলো ববলৈ ধৰিলেমাহিম বেগমে বাবৰৰ চকুত চকলো দেখি বিচলিত হৈ উঠিল। তাই আলফুলে বাবৰৰ চকুলো মচি দি ক'লেমোৰ বাদচাহ, আপুনি মোৰ ওপৰত অসন্তুষ্ট নহ'ম‍ই এজনী অবলা নাৰী আৰু আপুনি এজন বাদচাহ। মই আপোনাৰ লগত অভিমান নকৰিনো কাৰ লগত কৰিম? আপোনাৰ পৰা অকণমান সহানুভূতি পালেই মোৰ অন্তৰখন আনন্দত উপচি পৰে, জাহাঁপনা

    হয়, ম‍ই বাদচাহবাবৰে অভিমান ভৰা কণ্ঠত ক'বলৈ ধৰিলে হয়, মই বাদচাহ। গতিকে সকলো বিপদ, সকলো অন্যায়ৰ বোজা ময়ে বহন কৰিব লাগিব! যুৱাৱস্থাত আহম্মদ তনৱালৰ বিশ্বাসঘাতকতাৰ ফলত এবাৰ মোৰ সিংহাসনৰ প্রতি বিতৃষ্ণা উপজি গৈছিল। তেতিয়া মই সিংহাসন হেৰুৱাই নেপাতোলা নামৰ এখন গাঁৱত আছিলোঁ। নেপাতোলাৰ দহকতৰ পাহাৰীয়া অঞ্চলৰ কৃষকসকলৰ আড়ম্বৰহীন সুখী জীৱনৰ প্ৰতি আকৃষ্ট হৈ মই সিংহাসনৰ মোহ ত্যাগ কৰি নিজকে এজন কবি হিচাপে প্রতিষ্ঠিত কৰিব খুজিছিলোঁ। তাৰে প্ৰস্তুতি হিচাপে ম‍ই পাহাৰীয়া অঞ্চলত খালী ভৰিৰে কিছু সময় খোজকাঢ়িও ফুৰিছিলোঁ। মই মুক্ত হ'ব খুজিছিলোঁ ক্ষমতাৰ শিকলি চিঙিকিন্তু নোৱাৰিলোঁ। তেতিয়া এনে এজন বান্ধৱ নাপালোঁ, যিজনে মোৰ মূৰৰ পৰা ক্ষমতাৰ বোজা মুৰপাতিলৈ মোক মুক্ত কৰিব পাৰে। বৰ্তমান মই ক্ষমতাৰ বোজা বহন কৰি কৰি ভাগৰি পৰিছোঁক্ষমতাৰ বোজা বহন কৰাৰ শক্তি মই হেৰাই পেলাইছোঁ৷ গতিকে মই ক্ষমতাৰ বোজা হুমায়ুনৰ মূৰত জাপি দি মুক্ত হ'ব খুজিছোঁ

    বাবৰে কি ইংগিত কৰিছে মাহিম বেগমে তৎক্ষণাৎ বুজি উঠিল৷ কিন্তু তাই নিজৰ অনুমানৰ ওপৰত বিশ্বাস কৰিবলৈ টান পাই বিমোৰৰ দৰে বাবৰৰ ফালে চাই থাকিল৷

    বাবৰে পুনৰ ক'লেবেগম, আপুনি হুমায়ুনলৈ পত্র লিখি তাক আগ্ৰালৈ মাতি পঠিয়াওঁকম‍ই জীয়াই থাকোঁতেই সি মোৰ চকুৰ আগত সিংহাসনত অধিষ্ঠিত হওঁকমোক সি মুক্তি দিয়ক

    কিন্তু জাহাঁপনা, আপুনিতো জানেই হুমায়ুনৰ সিংহাসনৰ প্ৰতি অকণো লোভ নাই। আপুনি বর্তমান থাকোতে ময়ো সি সিংহাসনত অধিষ্ঠিত হোৱাটো কামনা কৰা নাই৷ মই মাথোন সি মোৰ চকুৰ আগত থকাটোহে কামনা কৰোঁ

    মোৰ ইচ্ছাৰ কথা জনাইয়ে তাক পত্র লিখি মাতি আনক। কিন্তু মোৰ এই সিদ্ধান্তৰ কথা আপুনি বেলেগ কাৰো ওচৰত প্ৰকাশ নকৰিব ৷

    আপুনি কাবুললৈ উভতি যাব খুজিছে নেকি, জাহাঁপনা ?

    মোৰ উপলব্ধি হৈ আছে মই অতি শীঘ্ৰেই চকু মুদিব লাগিব। তেতিয়া মোৰ মৃতদেহ কাবুললৈ লৈ গৈ কবৰ দিব। মোৰ জীৱিত দিনকেইটা মই আগ্রাতে কটাম৷ হয়তো মই আৰু বেছিদিন জীয়াই নাথাকিমমোৰ বহু কিবাকিবি লিখিবৰ মন যায়; কিন্তু শাসন কাৰ্য চলাই থকাৰ কাৰণে মই সময় নাপাওঁ। মোৰ আৰু সিংহাসনৰ প্ৰয়োজন নাই, বেগম

    বাবৰৰ অন্তৰত দুখ দিয়াৰ কাৰণে মাহিম বেগমৰ অন্তৰ অনুশোচনাত ভৰি পৰিলতাই ক্ষমা খোজাৰ ভংগীত ক'লেমোক ক্ষমা কৰিব জাহাঁপনাআপুনি সিংহাসনৰ পৰা অব্যাহতি লোৱাৰ কথা জনাই ম‍ই হুমায়ুনলৈ পত্র লিখিব নোৱাৰিম।

    বাবৰে দৃঢ় প্রত্যয়ৰ সুৰত ক'লেতেনেহ'লে ময়ে লিখিব লাগিব। এইদৰে কৈয়ে বাবৰে নিৰ্বিকাৰভাবে বহাৰপৰা উঠি বাগিচাৰ ফালে গুচি আহিল

    বাগিচালৈ আহি তেওঁ গুলবদনক খেলি থকা দেখিলে। হাঁহি হাঁহি তেওঁ গুলবদনৰ ফালে আগবাঢ়ি গ'ল ।

    বাবৰৰ পত্ৰ যথাসময়ত আহি চম্ভল পালেহি

    হুমায়ুন তেতিয়া জ্বৰত ভূগি আছিল৷ পত্ৰ পঢ়ি তেওঁ দেউতাকৰ সিদ্ধান্তৰ সম্ভেদ পাই বিচলিত হৈ উঠিল৷

    হিন্দুবেগ তেতিয়া হুমায়ুনৰ লগত আছিল। হুমায়ুনে হিন্দুবেগক মাতি আনি কলেহিন্দু রেগ চাহাব, আপুনি অতি সোনকালে মোক আগ্রালৈ পঠোৱাৰ ব্যৱস্থা কৰক।

    হুমায়ুন প্রচণ্ড জ্বৰত ভূগি একেবাৰে কাহিল হৈ পৰিছিলগতিকে হিন্দু বেগে হুমায়ূনক আগ্ৰালৈ পঠিয়াবলৈ সাহস নাপালেসেয়ে তেওঁ হুমায়ুনক আগ্ৰালৈ পঠিওৱাৰ পৰিবৰ্তে হুমায়ুনৰ অসুস্থতাৰ বাতৰি জনাই বাবৰলৈ পত্ৰ এখন লিখি পঠালে আৰু দিল্লীৰ পৰা চিকিৎসক মতাই আনি হুমায়ুনৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে৷

    দিল্লীৰ পৰা চিকিৎসক আহি চিকিৎসা আৰম্ভ কৰিলে যদিও চিকিৎসাই কোনো কাম নিদিলেহুমায়ুনৰ অসুখ লাহে লাহে বেছিহে হৈ আহিল। জ্বৰত ভূগি ভূগি এটা সময়ত হুমায়ুনৰ শৰীৰ একেবাৰে কয়লাৰ দৰ কলা পৰি গ'ল৷

    হুমায়ুনৰ অৱস্থা দেখি হিন্দুবেগ আতংকিত হৈ উঠিল। অৱশেষত তেওঁ নিৰূপায় হৈ মাহিম বেগমক চম্ভললৈ মতাই অনালে৷

    হুমায়ুনৰ অৱস্থা দেখি মাহিম বেগমৰ অন্তৰাত্মা আৰ্তনাদ কৰি উঠিল।

    একমাত্ৰ পুতেকৰ অমংগল আশংকাত তাইৰ চকুৰ টোপনি নোহোৱা হ'ল। দিনে ৰাতি তাই হুমায়ুনৰ শুশ্রূষা কৰাৰ লগতে পুতেকৰ আশুআৰোগ্যৰ বাবে সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ধৰিলে। কিন্তু আৰোগ্যৰ কোনো লক্ষণ নেদেখি তাই অস্থিৰ হৈ উঠিল

    হুমায়ুনৰ অৱস্থা দেখি হেকিমো চিন্তান্বিত হৈ উঠিলতেওঁ উন্নত চিকিৎসাৰ লগতে জলবায়ু পৰিবৰ্তনৰ কাৰণে হুমায়ূনক আগ্ৰালৈ লৈ যোৱাৰ বাবে পৰামৰ্শ দিলেমোৰ সাধ্যানুসাৰে চিকিৎসা কৰিলোঁ। কিন্তু ৰোগীৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। গতিকে চাহজাদাক আগ্ৰালৈ নিয়াই উচিত হ'তাত চিকিৎসাও ভাল হব আৰু জলবায়ুৰ পৰিবৰ্তন হ'লে ৰোগৰ প্ৰভাবো কমি আহিবআচলতে চম্ভলৰ জলবায়ুই চাহজাদাৰ স্বাস্থ্যৰ প্ৰতিকূলে ক্ৰিয়া কৰি আছে

    হুমায়ুন তেতিয়া প্ৰায়ে অচেতন অৱস্থাত আচ্ছন্নৰ দৰে পৰি থাকিছিল। গতিকে হুমায়ুনক কেনেকৈ আগ্ৰালৈ লৈ আহিব পাৰে মাহিম বেগমে এই বিষয়ে হিন্দুবেগৰ পৰা পৰামৰ্শ বিচাৰিলেবেগ চাহাব, হেকিমে হুমায়ুনক আগ্ৰালৈ নিয়াৰ বাবে পৰামৰ্শ দিছে। কিন্তু হুমায়ুনৰ অৱস্থা বৰ্তমান খুবেই কাহিল। গতিকে এই অৱস্থাত কেনেকৈ আগ্ৰালৈ নিব পাৰি তাৰ ব্যৱস্থা কৰক৷

    মাহিম বেগমৰ কথা শুনি হিন্দু বেগ চিন্তান্বিত হৈ উঠিলতেওঁ ক'লেএই অৱস্থাত ঘোঁৰাত তুলি নিয়া কোনোপধ্যেই সম্ভৱ নহয়। এনেকি পাল্কীত তুলিও নিব পৰা নাযাব৷ গতিকে সদ্যহতে আগ্ৰালৈ নিয়া খুবেই কঠিন কাম হ'ব।

    মাহিম বেগমে বিচলিত কণ্ঠত ক'লেতেনেহ'লে উপায় ?

    হিন্দুবেগে পৰামৰ্শ আগবঢ়ালেএটা উপায় অৱশ্যে আছে। নৌকাযোগে নিয়াৰ ব্যৱস্থা কৰিব লাগিবযাত্রাপথ দীঘলীয়া আৰু কষ্টকৰ হ'লেও চাহজাদাৰ কোনো অসুবিধা নহ'

    অৱশেষত নৌকাযোগে অহাৰ সিদ্ধান্তই চূড়ান্ত হ'ল। শুভ দিন-বাৰ চাই মাহিম বেগমে হুমায়ূনক নৌকাত তুলি আগ্ৰা অভিমুখে যাত্ৰা কৰিলে।

    দীৰ্ঘ পথযাত্ৰাৰ অন্তত নৌকা আহি আগ্ৰা পালেহিহুমায়ুন তেতিয়াও অচেতন অৱস্থাতে পৰি আছিল। অচেতন অৱস্থাতে তেওঁক পাল্কীত তুলি আঠজন সৈন্যই জাফৰচন বাগলৈ কঢ়িয়াই আনিবলৈ ধৰিলে

    হুমায়ুনক লৈ আগ্ৰা আহি পোৱাৰ খবৰ পাই বাবৰ উৎকণ্ঠিতভাবে হুমায়ুনক চাবলৈ লৰি আহিল

    হুমায়ুন তেতিয়া অচেতন অৱস্থাত পাল্কীত পৰি আছিলহুমায়ুনক অচেতন অৱস্থাত পৰি থকা দেখি হৃদয়ৰ কোনোবা এটা তন্ত্ৰী চিঙি যোৱা যেন অনুমান হ'ল বাবৰৰ৷ সেনাবোৰে বৈ অনা পাল্কী মৃতকৰ শৱদেহ বৈ নিয়া শৱাধাৰৰ দৰে অনুমান হ'ল বাবৰৰ মনতমুহ্যমানৰ দৰে তেওঁ অৱসন্ন স্তব্ধ হৈ পৰিল পুতেকৰ অৱস্থাত দেখি।

    জাফৰচন বাগলৈ অনাৰ পাছত হুমায়ূনক অচেতন অৱস্থাত আলফুলে দাঙি আনি বিচনাত শুৱাই দিয়া হ'ল। প্ৰচণ্ড জ্বৰৰ বিকাৰত তেওঁ প্ৰলাপ বকিবলৈ ধৰিলে। ওৰেটো ৰাতি সংজ্ঞাহীন ভাবেই পাৰ হ'ল। বাবৰ আৰু মাহিম বেগমে ওৰেটো ৰাতি হুমায়ুনৰ মুৰ শিতানত বহি কটালে। পূর্বে ধলফাট্ দিয়াৰ সময়ত হুমায়ুনে খন্তেক সময়ৰ বাবে চেতনা ঘূৰাই পালে। মূৰ শিতানত অৱসন্নভাবে তলমুৰহৈ বহি থকা দেউতাকক তেওঁ চিনিবও পাৰিলে

    হুমায়ুনে বিচনাত উঠি বহিবলৈ চেষ্টা চলালে; কিন্তু তেওঁ উঠিব নোৱাৰি ছট্‌ফটাবলৈ ধৰিলে। হঠাৎ তেওঁৰ মূৰটো হালি পৰিল আৰু পুনৰ তেওঁ অচেতন হৈ পৰিল৷

    হুমায়ুনৰ গাত তীৰ কঁপে জ্বৰ উঠিল। তেওঁ পুনৰ প্ৰলাপ বকিবলৈ ধৰিলেম‍ই....... আপোনাৰ সেৱাত............. আপোনাৰ অবিহনে........... নাই নাই....... হুমায়ুন যেন কিবা এক ভয়ানক সপোন দেখি আছিলএবাৰ তেওঁ উত্তেজিত কণ্ঠত চিঞৰি উঠিলআগবঢ়াআক্ৰমণ কৰা তাক হত্যা কৰা....... নাই নাই গুচি গ'ৰৈ যোৱা...........

    দীর্ঘদিন চলিল এই সংকটাপন্ন অৱস্থা। চিকিৎসকে অসুখ নিৰাময়ৰ কাৰণে নিয়মিতভাবে ঔষধ প্রয়োগ কৰি থাকিল যদিও অসুখ নিৰাময়ৰ কোনো লক্ষণ দেখা নগ'ল৷ ৰোগীৰ অৱস্থা দিনে দিনে বেয়াৰ ফালেহে ঢাল খাবলৈ ধৰিলে৷

    একমাত্ৰ পুতেকৰ অমংগল আশংকাত মাহিম বেগম শোকত মৰ্মাহত হৈ পৰিলবাৰিষাৰ ঢলৰ দৰে তাইৰ চকুৰ পৰা চকুলো ববলৈ ধৰিলে

    বাবৰো বিচলিত হৈ উঠিল। প্ৰতিটো কঠিন পৰিস্থিতিত আটায়ে তেওঁৰ ওপৰত নিৰ্ভৰ কৰাত অভ্যস্ত আছিল। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। আটায়ে তেওঁৰ ওপৰত আশা পালি ৰৈ থাকিল৷ কিন্তু এইবাৰ তেওঁ নিজেই যে বিবুধি! স্বয়ং বাবৰকো সান্ত্বনা আৰু সহায়ৰ প্ৰয়োজন হৈ পৰিল৷

    বাবৰক শোকাভিভূত আৰু বিচলিত দেখি শেখ-উল-ইছলামে বাবৰক সান্ত্বনা দিয়াৰ উদ্দেশ্যে ক'লেজাহাঁপনা, আল্লাহৰ ওপৰত বিশ্বাস ৰাখক। ধৈর্য নেহেৰুৱাব। আল্লাহই চাহজাদাক নিশ্চয় আৰোগ্য কৰিবকিন্তু চাহজাদাৰ চিকিৎসাত অভিজ্ঞ চিকিৎসকো অসফল। শ্বেখ-উল-ইছলামে ৰহস্যময় ভংগীত ক'বলৈ ধৰিলেমোৰ ধাৰণা এই ৰোগৰ অন্তৰালত নিশ্চয় কিবা অন্তর্নিহিত ৰহস্য আছে! হয়তো আল্লাহই আপোনাৰ পৰা কিবা কোৰবাণী বিচাৰিছেআপুনি কিবা মহামূল্য বস্তু আল্লাহৰ নামত দান কৰি দিয়ক, জাহাঁপনা ।

    মহামূল্যবান বস্তু! মাহিম বেগমে ইতিমধ্যে বহুতো ভেড়া আল্লাহৰ নামত কোৰবাণী কৰি দুখীয়া-মগনীয়াক বিলাই দিছে। দুখীয়াক সহায় কৰিলে আল্লাহ সন্তুষ্ট হয়। মাহিম বেগমে এই কথা ভাবিয়ে হুমায়ুনৰ আৰোগ্য কামনাত মুক্ত হস্তে দান-খয়ৰাত কৰি আছে। শ্বেখ-উল-ইছলামে আকৌ কি মহামূল্যবান বস্তুৰ কথা কৈছে।

    বাবৰে এইবোৰ কথা ভাবি থাকোঁতেই শেখ-উল-ইছলামে পুনৰ ক'লেজাহাঁপনা, আপুনি সেই ডাঙৰ হীৰাখণ্ড আল্লাহৰ নামত দান কৰি দিয়ক।

    কোন হীৰা ? কাহিনূৰ ? বাবৰে উৎকণ্ঠিতভাবে সুধিলে

    হয় জাহাঁপনা, কহিনূৰ হীৰাশ্বেখ-উল-ইছলামে সন্মতিসূচক মূৰ দুপিয়াই কলে।

    বাবৰ শ্বেখ-উল-ইছলামৰ কথাত আশ্চর্যচকিত হৈ গ'ল। কহিনূৰ হীৰাৰ মূল্য এশমোন সোণৰ মূল্যৰ সমানহীৰাডোখৰ হুমায়ুনেই তেওঁক আনি দিছিলহীৰা ডোখৰ হুমায়ুনৰ হাতলৈ অহাৰ বিস্ময়কৰ কাহিনীৰ কথা বাবৰৰ মনত পৰি গ'ল। হুমায়ুনৰ মুখৰ পৰা হীৰাডোখৰৰ কাহিনী শুনি বাবৰ অভিভূত হৈ পৰিছিল৷ আশ্চর্যচকিত হৈ পৰিছিল হিন্দু ৰমনীৰ ত্যাগৰ কথা ভাবি

    সেয়া আছিল বাবৰে পানীপত যুদ্ধত জয়ী হৈ প্ৰথম দিল্লীলৈ অহা সময়ৰ কথা।

    বাবৰ সিদিনা সন্ধিয়া যমুনা নদীৰ বুকুত দুমহলীয়া নৌকাত বহি হিন্দু বিধবাসকলৰ স্বামীৰ লগত চিতাত উঠি আত্মজাহ যোৱাৰ বিস্ময়কৰ কথা ভাবি বিচলিত হৈ কবিতা লিখি আছিল। এনেতে চাৰিটা পাল তৰা ভব্য সুসজ্জিত নৌকা এখন আহি বাবৰৰ নৌকাৰ ওচৰত ৰৈ গ'ল৷

    ৰখীয়া সেনা এজনে চিঞৰি সুধিলেকোন? কাৰ নাও ?

    সিখন নৌকাৰ পৰা উত্তৰ আহিলচাহজাদা হুমায়ুনৰ নৌকা। চাহজাদাই জাহাঁপনাৰ লগত সাক্ষাৎ কৰিবলৈ আহিছে

    কথাষাৰ বাবৰৰ কাণতো পৰিল। বাবৰ নিজেও হুমায়ুনৰ লগত সাক্ষাৎ কৰিবৰ বাবে আগ্রহান্বিত হৈ আছিলগতিকে ৰখীয়া সেনাজনে কোনো মন্তব্য কৰাৰ আগতেই বাবৰে ৰখীয়া সেনাজনলৈ উদ্দেশ্য কৰি ক'লেচাহজাদাক আহিবলৈ দিয়া

    খন্তেক পাছতে হুমায়ুন বাবৰৰ ওচৰলৈ আহিলহুমায়ুনে দেউতাকৰ লগত কুশল বাতৰি বিনিময় কৰি কোমৰবন্দ ঢিলা কৰি বুকুৰ মাজত লুকাই অনা কাৰুকাৰ্যখচিত সৰু সুদৃশ্য বাকচ এটা দেউতাকলৈ আগবঢ়াই ক'লেএই বাকচটো খুলি চাওঁকচোন, আব্বা হুজুৰ

    বাবৰে লাহে-ধীৰে বাকচৰ ঢাকোন খুলিলে। বাকচৰ ভিতৰত মখমলৰ কাপোৰৰ ওপৰত তৰাৰ দৰে জিলমিলাই থকা পাথৰডোখৰে তেওঁৰ চকুত চাট্‌ মাৰি ধৰিলে৷ এয়া হীৰা নেকি? আখৰোট এটাৰ সমান ডাঙৰবাবৰে জীৱনত বহু হীৰা দেখিছে, কিন্তু ইমান ডাঙৰ হীৰা! তেওঁ জীৱনত ইমান ডাঙৰ হীৰা দেখা বুলিচোন মনতে নপৰে৷ হীৰা ইমান ডাঙৰ হ'ব পাৰে বুলি তেওঁচোন কেতিয়াও কল্পনাও কৰিব পৰা নাছিল

    আশ্চর্যচকিত হৈ বাবৰে সুধিলেই কেনেকুৱা পাথৰ?

    এয়া হীৰা, আব্বা হুজুৰ ৷ হুমায়ুনে গৰ্বেৰে সৈতে ক'লে।

    পাথৰৰ পৰা ৰশ্মি বিকিৰণ হৈ আছিল। বাবৰে হীৰাডোখৰ হাতেৰে লাৰি-চাৰি চাই সুধিলেওজন কিমান ?

    সাত-আঠ মিস্কাল হ'ব লাগে (এক মিস্কাল প্রায় ৪৬৮ গ্ৰামৰ সমান)।

    ইমান ডাঙৰ হীৰা ?

    আব্বা হুজুৰ, মই এজন জহুৰীক হীৰাডোখৰ পৰীক্ষা কৰাৰ কাৰণে দিছিলোঁতেওঁৰ পৰাই জানিব পাৰিছোঁ, যে এয়া বিখ্যাত কহিনুৰ হীৰাপৃথিবীত ইয়াতকৈ ডাঙৰ হীৰা নাই। চন্দুক ভর্তি সোণতকৈয়ো হেনো ইয়াৰ মূল্য বেছি।

    মই শুনিছোঁ, বংগৰ চুলতান আলাউদ্দিনৰ এডোখৰ আচৰিত ডাঙৰ হীৰা আছে। কথিত আছে যে, সেই হীৰাৰ মূল্যৰে এখন বিশাল সাম্ৰাজ্যৰ মানুহৰ এমাহৰ খোৱা খৰচ অনায়াসে চলাব পৰা যাব৷

    জহুৰীয়ে কোৱামতে কহিনূৰৰ মূল্যৰে সমগ্ৰ পৃথিবীৰ মানুহৰ আঢ়ৈ দিনৰ খোৱা-খৰচ চলাব পৰা যাব৷ এইদৰে কৈয়ে হুমায়ুনে খিলখিলাই হাঁহি দিলে৷

    আপুনি হীৰা ডোখৰ পালে ক'?

    হুমায়ুনে সেমেনা-সেমেনি কৰি ক'লেগোৱালিয়ৰৰ মহাৰজাৰ তৰফৰ পৰা মই ইয়াক দান সূত্ৰে পাইছোঁ।

    দানসুত্ৰে পাইছে? কিহৰ বিনিময়ত ?

    হুমায়ুনে কাহিনী আৰম্ভ কৰিলেআব্বা হুজুৰ, আপুনি হয়তো শুনিছে, মহাৰাজা বিক্রমাদিত্যৰ বংশধৰসকলে বিগত এশ বছৰ ধৰি গোৱালিয়ৰৰ শাসনভাৰ চম্ভালি আছিল। দিল্লীৰ চুলতানসকলৰ বিৰুদ্ধে তেওঁলোকে বহুদিন যুদ্ধও চলাই গৈছিলইব্রাহীম লোডীৰ লগতো তেওঁলোকে বহু যুদ্ধ কৰিছে। ইব্রাহীম লোডীয়েও তেওঁলোকক প্ৰথমাৱস্থাত পৰাভূত কৰি পৰা নাছিলকিন্তু শেষমুহূৰ্তত তেওঁলোকে গোৱালিয়ৰ চহৰ এৰি দি শস্মাবাদলৈ পলাই যাবলৈ বাধ্য হৈছিল।

    হয়, বাবৰে সন্মতিসূচক মূৰ দুপিয়াই ক'লেহয় গোৱালিয়ৰৰ মহাৰাজসকলৰ বহু বীৰত্ব কাহিনী ম‍ই শুনিছোঁ। কিন্তু তাৰ লগত কহিনুৰৰ সম্বন্ধ কি?

     হুমায়ুনে হীৰাডোখৰ দান সূত্ৰে পোৱাৰ যি কাহিনী কৈ গ'ল। তাৰ সাৰাংশ আছিল

এনেকুৱা-

    পানীপত যুদ্ধত জয়ী হোৱাৰ পাছত বাবৰৰ অশ্বাৰোহী বাহিনী হুমায়ুনৰ নেতৃত্বত বাবৰৰ আগতেই দিল্লীলৈ আহি বিনাযুদ্ধে দিল্লী দখল কৰিয়ে শস্মাবাদ আক্ৰমণ কৰি দখল কৰিছিল৷

    সসৈন্যে দুৰ্গৰ ভিতৰলৈ সোমাই গৈ হুমায়ুনে স্বৰ্গীয় মহাৰজাৰ বিধবা পত্নী, দুজনী গাভৰু জীয়েক আৰু বিছ বছৰীয়া এজন পুতেকক লগ পায়

    মহাৰজাৰ বিছ বছৰীয়া পুতেকে হুমায়ূনক আশ্বাস দি ক'লেইব্রাহীম লোডী মাথোন আপোনালোকৰে শত্ৰু নাছিলসি আমাৰো শত্ৰু আছিল। সি নিধন হোৱাত আমিও আনন্দিত। এতিয়া আপুনি আমাক শস্মাবাদৰ পৰা গোৱালিয়ৰলৈ যোৱাৰ বাবে অনুমতি দিয়ক

    হুমায়ুনে নিজৰ অক্ষমতা প্ৰকাশ কৰি ক'লেআপোনালোকক গোৱালিয়ৰলৈ যোৱাৰ অনুমতি মই নিজে দিব নোৱাৰোঁএয়া আমাৰ আব্বা হুজুৰৰ কাম৷ আপোনালোক আব্বা হুজুৰ অহালৈ অপেক্ষা কৰিব লাগিব। আব্বা হুজুৰ নহালৈকে বৈচ বেগে আপোনালোকক ৰক্ষণাবেক্ষণ দি থাকিব

    এইদৰে আশ্বাস দি হুমায়ুনে দুৰ্গৰ বাহিৰৰ বাগিচা এখনত তম্বু তৰি শুই আছিল। হঠাৎ দুৰ্গৰ ভিতৰত হোৱা চিঞৰ-বাখৰৰ শব্দত হুমায়ুনৰ টোপনি ভাঙি গ'ল। চিঞৰ-বাখৰৰ উৎস বিচাৰি তেওঁ দেহৰক্ষী সৈন্যলৈ দুৰ্গৰ ভিতৰলৈ সোমাই আহিল৷

    দুৰ্গৰ ভিতৰলৈ সোমাই হুমায়ুন ৰাজপ্রাসাদৰ ফালে দৌৰি আহিল৷ কাৰণ চিঞৰ-বাখৰৰ শব্দ ৰাজপ্রাসাদৰ পৰা আহি আছিল। ৰাজপ্রাসাদৰ প্রবেশদ্বাৰত বৈচ বেগৰ সৈন্য এজন তেজেৰে লুতুৰ-পুতুৰি হৈ পৰি থকা দেখি তেওঁ উৎকণ্ঠিত হৈ উঠিল। মৃত সৈন্যজনৰ পৰা অলপ দূৰত থকা চিৰি এখনৰ ওপৰত বহি ওঠৰ বছৰীয়া ৰাজকুমাৰী এগৰাকীয়ে কঁপা কঁপা হাতেৰে শাৰীৰ আঁচলেৰে নিজৰ অনাবৃত বুকু ঢাকিবলৈ যত্ন কৰি আছিল

    ঘটনাটো আছিল এনেকুৱা-

    স্বৰ্গীয় মহাৰজাৰ দুজনী জীয়েকৰ এজনীক দেখি বৈচ বৈগৰ হৃদয়ত লালসাৰ জুই জ্বলি উঠিছিললালসা চৰিতাৰ্থ কৰাৰ কাৰণে তেওঁ মৃত সৈন্যজনক ৰাজকুমাৰীক ধৰি নিবলৈ পঠাইছিল

    সৈন্যজনে ৰাজকুমাৰীক বলপূর্বক ধৰি নিবলৈ চেষ্টা কৰোঁতেই তাইৰ ককায়েকে আহি সেইখিনি পায় আৰু ভনীয়েকৰ ইজ্জত বচাবলৈ তেওঁ সৈন্যজনক আক্ৰমণ কৰি নিহত কৰে।

    ৰাজকুমাৰৰ পৰা ঘটনাৰ বিৱৰণ শুনি হুমায়ুন ক্রোধান্বিত হৈ উঠিল। তেওঁ সৈন্য কেইজনলৈ অগ্নিদৃষ্টি নিক্ষেপ কৰি গুৰু-গম্ভীৰ কণ্ঠত আদেশ দিলে- ৰাজকুমাৰক এৰি দিয়াভনীয়েকৰ ইজ্জত ৰক্ষা কৰিবলৈ মৃত্যুৰ মুখত জঁপিয়াই পৰা বীৰক তোমালোকে সম্মান প্রদর্শন কৰা উচিত।

    তথাপি সৈন্যকেইজন নিৰ্বিকাৰ হৈ থাকিলতেতিয়া তেওঁ বাবৰৰ নিৰ্দেশৰ কথা সোঁৱৰাই দি পুনৰ ক'লে- বাদচাহ বাবৰে হিন্দুস্থানৰ মানুহৰ লগত শিষ্টতাপূৰ্ণ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াটো তোমালোকে এতিয়াই পাহৰি গ'লা নেকি? শাহী নির্দেশ অমান্য কৰি বৈচ বেগে অন্যায় কৰিছেযোৱা তাক বন্দী কৰি বন্দীশালত ভৰাই থোৱাগৈ আৰু তাক সহায় কৰা সৈন্যকেইজনক দহ ঘাকৈ চাবুক মাৰি এৰি দিয়াগৈ

    এইদৰে আদেশ দি হুমায়ুন ৰাজকুমাৰ আৰু ৰাজকুমাৰীক লৈ বিধবা মহাৰাণীৰ ওচৰলৈ আহিল৷

    মহাৰাণী সম্ভ্ৰান্ত আৰু সুশিক্ষিতা আছিল। তাই কেইবাটাও ভাষা কব জানিছিল। তাই হুমায়ুনলৈ সৰু সুদৃশ্য বাকচ এটা আগবঢ়াই ফাৰ্চী ভাষাত ক'লেএই বাকচৰ ভিতৰত আমাৰ আটাইতকৈ মূল্যবান বস্তুপদ আছে। কিন্তু মোৰ কাৰণে সকলো মূল্যবান বস্তুতকৈ মোৰ সন্তানকেইজন বেছি মূল্যবান। আপুনি মোৰ জীয়েকৰ ইজ্জত ৰক্ষা কৰিছেমোৰ পুত্ৰৰ জীৱন বচাইছে। এনেকি মোৰ জীৱনো আপুনি ৰক্ষা কৰিছে। আপোনাক কৃতজ্ঞতা জনোৱাৰ ভাষা মোৰ নাইগতিকে এই বাকচৰ ভিতৰত থকা হীৰাখণ্ড কৃতজ্ঞতাৰ চিহ্ন স্বৰূপে আপোনাক দিবলৈ মোক অনুমতি দিয়ক

    এয়াই সেই হীৰাশ্বেখ-উল-ইছলামে সেই হীৰা ডোখৰক দান কৰিবলৈ পৰামৰ্শ দি আছে! কিন্তু এই হীৰা ডোখৰ কাক দান কৰিম? শ্বেখ-উল ইছলামক, নে আন কাৰোবাক? কাৰণ আল্লাহই নিজেতো পার্থিব বস্তু হাত পাতি গ্ৰহণ কৰিব নোৱাৰেগতিকে আল্লাহৰ সৃষ্ট মানুহকে নিশ্চয় দান কৰিব লাগিবকিন্তু কোন সেইজন ?  বাবৰে এইদৰে মনতে জুকিয়াই চাই শ্বেখ-উল ইছলামৰ মনৰ ভাব জুখিবলৈ ক'লেকিন্তু আল্লাহৰ নামত কাক হীৰাডোখৰ দান কৰিব পৰা যায় ?

    আল্লাহৰ নামত কোনো বস্তু দান কৰিলে সেই বস্তুপদ ইছলামীয় ধৰ্ম গুৰুৰ প্ৰাপ্য আৰু শ্বেখ-উল ইছলামেই তেওঁলোকৰ ভিতৰত প্ৰধান। শ্বেখ-উল ইছলামে সমিধান দিলে

    বাবৰে ভাবিলে, শ্বেখ-উল ইছলামে পোনপটীয়াভাবে নিজৰ কথা ক'বলৈ সাহস নাপাইয়ে নিশ্চয় তেনেকৈ আওপকীয়াভাবে কৈছে। সেয়ে বাবৰে কিঞ্চিত খঙেৰে সৈতে ভাবিলেআল্লাহৰ নামত দান কৰা হীৰাডোখৰ অৱশ্যে হজৰত মূর্তজাৰ মাজাৰতো দিব পৰা যায়। কিন্তু ভাবী সম্রাট হুমায়ুনৰ ৰাজকোষৰ আটাইতকৈ মূল্যবান বস্তুপদ, পৃথিৱীৰ আটাইতকৈ মূল্যবান হীৰা কোনো মাজাৰত দান কৰিলে নিশ্চয় এই লোভী বুঢ়াৰ হাততে পৰিবহি। শ্বেখ-উল ইছলামে হুমায়ুনৰ সংকটজনক অৱস্থাৰ সুযোগ লৈ মাক-বাপেকৰ পৰা মূল্যবান হীৰাডোখৰ আঁজুৰি নিব খুজিছে! কাৰণ তেওঁ জানে, বৰ্তমান পুতেকৰ আৰোগ্যৰ কাৰণে মাক-বাপেকে নিজৰ জীৱন পর্যন্ত দান কৰিবলৈও কুণ্ঠিত নহ'ব।

    সেয়ে বাবৰে ভাবিলে হীৰাৰ পৰিবৰ্তে তেওঁ নিজৰ জীৱনকে আল্লাহৰ নামত উছৰ্গা কৰিবভবামতেই তেওঁ সুধিলেমৌলানা চাহাব, আপুনি স্পষ্টকৈ কওঁকমোৰ নিজৰ জীৱনতকৈও হীৰাডোখৰ বেছি মূল্যবান নেকি ?

    জাহাঁপনা, হাজাৰ হাজাৰ কহিনূৰ হীৰা আপোনাৰ কনিষ্ঠ আঙুলিৰ সমানো নহ'   ঠিক আছে; সেইয়াই যদি হয়বাবৰে সকলোৱে শুনাকৈ উচ্চ কণ্ঠত ক'লেমই হুমায়ুনৰ জীৱনৰ পৰিবৰ্তে এটা ডাঙৰ বস্তু কোৰবাণী কৰিমমোৰ সেই কোৰবাণী কোনো আল্লাহৰ বান্দাই নহয়; স্বয়ং আল্লাহই গ্ৰহণ কৰক

    কক্ষত উপস্থিত আটায়ে ভয়ার্ত ও বিস্মিতভাবে বাবৰৰ ফালে চালে। বাবৰে বহাৰ পৰা উঠি লাহে লাহে অচেতন হৈ পৰি থকা হুমায়ুনৰ মূৰ শিতানলৈ আহিল৷ তেওঁ আচ্ছন্নৰ দৰে প্ৰাৰ্থনাৰ সুৰত ক'বলৈ ধৰিলেমোৰ প্ৰাণাধিক প্রিয়পুত্র হুমায়ুনৰ কাৰণে মই প্ৰাৰ্থনা জনাওঁহে পৰওয়াৰ দেগাৰ আল্লাহ, তুমি হুমায়ুনক ভয়ানক ৰোগৰ পৰা আৰোগ্য কৰি মোৰ শৰীৰত সেই ৰোগ বিয়পাই দিয়া৷

    বাবৰৰ প্ৰাৰ্থনা শুনি ৰোগীৰ কক্ষত উপস্থিত থকা আটাইবিলাক মানুহ স্তম্ভিত হৈ পৰিল

    বাবৰে প্ৰাৰ্থনা কৰি কৰি হুমায়ুনৰ বিছনাৰ চাৰিওফালে তিনিবাৰ প্ৰদক্ষিণ কৰিলে হে পৰওয়াৰ দেগাৰ, মই বাদচাহ জহিৰুদ্দিন বাবৰে মোৰ নিজৰ জীৱন প্রাণাধিক প্রিয়পুত্র হুমায়ুনক দান কৰিলোঁতুমি মোৰ কোৰবাণী কবুল কৰা আল্লাহহুমায়ূনক তুমি আৰোগ্য কৰি দিয়া

    মাহিম বেগমো স্তম্ভিত। তাই কান্দিবলৈ এৰি ভয়ার্তআশান্বিত দৃষ্টিত বাবৰৰ ফালে চাই ৰ'

    বৃদ্ধ শ্বেখ-উল ইছলামে বাবৰৰ ফালে এনেকৈ চাই ৰ', যেন হুমায়ুন তেতিয়াই

ৰোগ শয্যাৰ পৰা উঠি থিয় হ'ব আৰু বাবৰ সেই ৰোগ শয্যাত পৰি যাব

    কিন্তু তেনেকুৱা একো নহ'ল। বাবৰে নিজৰ মুখৰ ভিতৰতে কিবা আওৰালে আৰু কিছুসময় মৌন হৈ থাকি চিন্তাক্লিষ্টভাবে কক্ষৰ পৰা ওলাই গ'

    ইয়াৰ কিছুদিন পাছত হুমায়ুন সঁচাকৈয়ে আৰোগ্য হৈ উঠিল।

    বর্ষা ঋতুৰ শেষত শৰৎ ঋতু আৰম্ভ হ'মেঘশূন্য পৰিস্কাৰ নিৰ্মল ৰাতিৰ আকাশ। নীলিম আকাশত তৰাবোৰ মুকুতাৰ দৰে ট' ' কৈ জ্বলি আছিল

    বাবৰে খন্তেক ফুৰা-চকা কৰাৰ বাবে কক্ষৰ পৰা বাহিৰলৈ ওলাই আহিল। কেইদিনমানৰ পৰা তেওঁ অনিন্দ্ৰা ৰোগত ভুগি আছে। জ্বৰেও তেওঁক দিগদাৰী দি আছে কেইদিনমানৰ পৰা৷ বিশেষকৈ ৰাতি ৰাতি জ্বৰ উঠাটো প্ৰায় অভ্যাসত পৰিণত হৈ গৈছে তেওঁৰ।

    বাবৰে তৰা ভৰা ৰাতিৰ আকাশলৈ চাই পঠিয়ালেতেওঁৰ অনুমান হ', যেন আকাশখন কঁপি আছে আৰু তৰাবোৰ বিচৰণ কৰি আছে। গাত জ্বৰ উঠা অৱস্থাত বাহিৰলৈ ওলালেই যেন তেওঁৰ এনেকুৱা অনুমান হয় আজিকালিকথাটো তেওঁ কেইদিনমানৰ পৰাই লক্ষ্য কৰি আছে।

    দিনৰ ভাগত সভাসদ, হিতাকাংক্ষী আৰু অন্যান্য আত্মীয় পৰিজনে পূৰ্বৰ দৰেই বাবৰৰ খা-খবৰ লয়  প্রয়োজনীয় দিহা-পৰামৰ্শ বিচাৰে। অৱশ্যে আটায়ে যেন তেওঁৰ লগত আজিকালি কিছু কমকৈ কথা-বতৰা পাতে। তেওঁৰ প্ৰতি আটায়েৰে ব্যৱহাৰ কিছু সলনি হোৱাটোও তেওঁ লক্ষ্য কৰি আহিছেপ্ৰত্যেকৰে ব্যৱহাৰ যেন পূৰ্বতকৈ কিছু গম্ভীৰ আৰু শিষ্টতাপূর্ণ। কিবা যেন এক দুঃশ্চিন্তাৰ ছাপ প্ৰত্যেকৰে চকু-মুখত। আটায়ে যেন তেওঁৰ লগত আগতকৈও অধিক অন্তৰংগ হব খুজে। অনুকম্পা দেখুৱাব খুজে। মৃত্যু পথ-যাত্ৰীৰ লগত কৰা আচৰণেই যেন প্রত্যেকে কৰি আছে তেওঁৰ লগত।

    বাবৰে কিন্তু এইবোৰ লক্ষ্য কৰি অস্বস্তি অনুভব কৰে। আটাইৰে এটা ধাৰণা বদ্ধমূল হৈ পৰিছে যে, পুত্ৰৰ প্ৰাণ ৰক্ষাৰ কাৰণে পিতৃৰ দ্বাৰা কৰা কোৰবাণী- আল্লাহই স্বীকাৰ কৰিছে। বাবৰৰ প্ৰাৰ্থনা অনুসৰিয়ে যেন হুমায়ুন ৰোগমুক্ত হৈ নিশ্চিত মৃত্যুমুখৰ পৰা জীয়াই উঠিছে আৰু মৃত্যুৰ সেই অদৃশ্য তৰোৱাল যেন যিকোনো মুহূৰ্তত বাবৰৰ মূৰত আঘাত কৰিবৰ বাবে উদ্যত হৈ আছে।

    কোনো মৃত্যু পথযাত্রী মানুহৰ বাবে দেখুৱা সভ্ৰমপূৰ্ণ ব্যৱহাৰ, অনুকম্পাৰ হাঁহি, শিষ্টতা পূৰ্ণ ব্যৱহাৰ, অভিবাদন সুখপ্রদ হ'ব নোৱাৰেবাবৰৰ ক্ষেত্ৰতো সেয়াই হ'তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা অতিৰিক্ত আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ দেখি দেখি তেওঁৰো লাহে লাহে আমনি লগা হ'ল। গতিকে তেওঁ লাহে লাহে মানুহৰ সংগ এৰাই চলিবলৈ ধৰিলে। অধিকাংশ সময় তেওঁ মাহিম বেগমৰ সান্নিধ্য আৰু খিলৱত গাহত কাব্যচৰ্চা কৰি সময় কটোৱা হ'ল।

    বাবৰৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাবলৈ ধৰিলেতেওঁৰ শৰীৰত কতো কোনো ফোঁহা নাছিলস্পৰ্শ কৰিলে কোনো যন্ত্রণাও অনুভৱ কৰা নাছিলঅথচ তেওঁ হৃদয়ত কিবা যেন জ্বলি থকা অনুভৱ কৰিবলৈ ধৰিলে আৰু বিষন্ন ক্লান্তিত তেওঁৰ দেহ-মন আলোড়িত হ'বলৈ ধৰিলে।

    চিকিৎসকসকলে বাবৰৰ ৰোগৰ প্ৰকাৰ নিৰ্ণয় কৰিব নোৱাৰি বিচলিত হৈ উঠিল। তেওঁলোকে দিনে দিনে নানা পৰীক্ষা-নিৰীক্ষা চলাবলৈ ধৰিলে আৰু সেই অনুসৰি চলাই থাকিল ঔষধ পথ্যৰ আতিশয্য। অৱশেষত তেওঁলোকে বিহৰ প্ৰভাৱত তেজৰ দোষ হৈছে বুলি সিদ্ধান্তলৈ আহিল আৰু প্ৰচুৰ পৰিমাণে ডালিমৰ ৰস খুওৱাৰ ব্যৱস্থা কৰিলে

    কিন্তু কোনো ঔষধেই ৰোগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। বাবৰ দিনে দিনে কৃশকায় হৈ পৰিবলৈ ধৰিলে আৰু তেওঁৰ জীৱনী শক্তিও যেন দ্রুতগতিত নিঃশেষ হৈ আহিবলৈ ধৰিলে।

    বাবৰৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ পাই হুমায়ুন চম্ভলৰ পৰা আগ্ৰালৈ আহিল৷

    বিশাল শয়নকক্ষত শোধবগা বিছনাত কৃশকায় বাবৰক নিশ্চল হৈ পৰি থকা দেখি হুমায়ুনৰ অন্তৰাত্মা তীব্ৰ আৰ্তনাদ কৰি উঠিল৷ বিষাদ-বেদনাই তেওঁৰ হৃদয় হেঁচি ধৰিলে।

    হুমায়ুনে দেউতাকৰ বিচনাৰ কাষত আঁঠুকাঢ়ি বহি দেউতাকৰ শুকান অস্থিসাৰ শূন্য শেঁতা হাতত চুমা খালে।

    খানজাদা বেগমে বাবৰৰ মূৰ শিতানত বহি ময়ূৰৰ পাখিৰে বিচি আছিলহুমায়ূনক বিচলিত হোৱা দেখি তাই সান্ত্বনা দিয়াৰ কাৰণে ক'লেধৈর্য নেহেৰুৱাব চাহজাদা, মন ডাঠ কৰক

    হুমায়ুনে পেহীয়েকৰ কথাৰ কোনো উত্তৰ নিদি বাবৰক উদ্দেশ্য কৰি ব্যথা বিগলিত কণ্ঠত সুধিলেআপোনাৰ কি হৈছে আব্বা হুজুৰ? এইদৰে সুধিয়ে হুমায়ুনে পুনৰ অভিযোগৰ সুৰত ক'লেএয়া আন একো নহয়, এয়া মোৰ কাৰণে কৰা কোৰবাণীৰ ফলহে!

    হুমায়ুনৰ চকুত চকুপানী দেখি মাহিম বেগমৰ বুকু হমহমাই উঠিল। কথা ক'বলৈ অসমৰ্থ হৈ তাই মাথোন হুমুনিয়াহ কাঢ়িলে।

    বাবৰে সতৃষ্ণ নয়নে হুমায়ুনৰ ফালে চাই আছিল; কিন্তু শ্বাসকষ্টৰ কাৰণে কথা ক'ব পৰা নাছিলশ্বাসকষ্ট অলপ লাঘৱ হোৱাত তেওঁ লাহে লাহে সেহাই সেহাই ক'লেমোৰ পুত্ৰ, মোৰ বেমাৰ এতিয়া তেজলৈকে বিয়পি পৰিছে।

    আব্বা হুজুৰ মোক আদেশ দিয়ক............. আপোনাক সুস্থ কৰি তোলাৰ কাৰণে ম‍ই যিকোনো কাম কৰিবলৈ প্ৰস্তুত

    মোৰ বেমাৰ সম্পূৰ্ণৰূপে আৰোগ্য কৰাটো সম্ভৱ নহয়, পুত্র। যন্ত্রণাহে মাথোন কিছু পৰিমাণে লাঘৱ কৰিব পৰা যাব।

    কেনেকৈ? কওঁক, আব্বা হুজুৰ ম‍ই তাকেই কৰিম। হুমায়ুনে ব্যগ্রভাবে ক'লে

    উজিৰ চাহাবক মাতক............... লগতে পাত্র-মিত্ৰসকলকো আহিবলৈ কওঁক। ম‍ই তেওঁলোকৰ সন্মুখত আপোনাৰ হাতত শাসনভাৰ গতাই দিম

    কিন্তু আব্বা হুজুৰ, আপুনি বিশ্বাস কৰক................ আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত যেন মোৰ ওচৰত কহিনূৰতকৈও বেছি মূল্যবান।

    এয়া এতিয়া প্রয়োজন, পুত্ৰ ৷ মই যি কলো তাকে কৰক। বাবৰে দৃঢ়তাৰে হুমায়ুনৰ যুক্তি খণ্ডন কৰিলে

    খানজাদা বেগমে ভায়েকৰ বিছনা ঠিক কৰি দিলে। বাবৰে মূৰৰ তলত আৰু এটা গাৰু দিবলৈ ক'লে৷ অৰ্ধশায়িত হৈ তেওঁ দুই-এটা দৰ্কাৰী কথা পাতি দেৱানী খাচলৈ যাবলৈ সাজু হ'

    দেৱানী খাচলৈ আহি বাবৰে সকলোৰে সন্মুখত হুমায়ুনৰ মূৰত ৰাজমুকুট পিন্ধাই দিলেপিতৃ ঋণ পৰিশোধ কৰি বাবৰ প্রাসাদলৈ উভতি আহি পুনৰ বিছনাত গা এৰি দিলে

    বাবৰ তন্দ্ৰাচ্ছন্নৰ দৰে বিছনাত শুই আছিল৷ বাদচাহ হুমায়ুন, মাহিম বেগম আৰু খানজাদা বেগম বাবৰৰ কাষত বহি আছিল

    মাহিম বেগমে হঠাৎ কৈ উঠিলজাহাঁপনা, হুমায়ুনে নিজকে আপোনাৰ বৰ্তমানত হিন্দুস্থানৰ দৰে বিশাল সাম্ৰাজ্যৰ গুৰু দায়িত্ব বহন কৰাৰ যোগ্য বুলি বিবেচনা কৰিবলৈ সাহস পোৱা নাই

    হুমায়ুনৰ হাতত সিংহাসনৰ গুৰু দায়িত্ব অর্পণ কৰি বাবৰে কিছু স্বস্তি অনুভৱ কৰি আছিল। ফলত তেওঁৰ অৱস্থাৰো কিছু উন্নতি হৈছিল। মাহিম বেগমৰ অভিযোগ শুনি তেওঁ ক'লেএয়া ঋণ বেগম। নিজৰ সন্তানৰ হাতত ঋণ ওভতাই দিব পাৰি আজি মই মুক্ত। বাবৰে ৰৈ ৰৈ ক'বলৈ ধৰিলেআমি তৈমূৰৰ উত্তৰ পুৰুষ। তৈমূৰৰ উত্তৰ পুৰুষসকলৰ বেছিভাগে নিজৰ মাজত কাজিয়া কৰি মৰিছে। পুত্ৰই পিতৃক হত্যা কৰিছে, ভায়েকে ককায়েকক নিধন কৰিছেআটায়ে লোভ আৰু কূট-চক্ৰান্তৰ চিকাৰ হৈছে। তেওঁলোকৰ ভিতৰত যিসকল সৎ আছিল, তেওঁলোক নিজৰ সজ্জনতাৰ বলি হৈছে। বাবৰে খানজাদা বেগমলৈ আঙুলিয়াই আবেগিকভাবে ক'লেযেনেকৈ খানজাদা বেগমে মোক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ গৈ ওৰেটো জীৱনৰ বাবে বন্দীত্ব স্বীকাৰ কৰি লৈছে। বাইদেৱে ভায়েকৰ মংগলৰ কাৰণে নিজৰ সুখ-স্বাচ্ছন্দ্য, কামনা-বাসনা ত্যাগ কৰি নিৰ্বাসিতা জীৱন যাপন কৰি আছে। বাইদেৱৰ পৰাই মই ত্যাগৰ পাঠ শিকিছোঁ। হুমায়ুনেও নিজৰ ভায়েক, সন্তান-সন্ততিক আত্মত্যাগ আৰু সজ্জনতাৰ পাঠ শিকাব লাগিব

    বাবৰে মুৰটো ঘূৰাই পালেঙৰ মূৰ শিতানৰ ফালে আঁৰি থোৱা ৰেচমৰ বগা পৰ্দাৰ ফালে চালে। হুমায়ুনে দেখিলে মূৰ শিতানৰ ফালে মাটিৰ পুতলাৰ দৰে নিৰ্বিকাৰভাবে তাহিৰ বেগ থিয় দি আছে।

    বাবৰে তাহিৰ বেগলৈ উদ্দেশ্য কৰি ক'লেতাহিৰ বেগ, আপুনি মোৰ কিতাপখন ইয়ালৈ লৈ আহক৷

    পৰ্দাৰ পিছফালে দেৱালৰ লগত সংলগ্ন এখন ৰেকৰেকৰ মাজত সজাই থোৱা আছিল বিভিন্ন মূল্যবান গ্রন্থগ্রন্থসমূহৰ মাজত পকাবন্ধা কিতাপ এখন চামৰাৰ থৈলাত ভৰাই সযত্নে ৰাখি থোৱা আছিলবাবৰৰ নিৰ্দেশ পাই তাহিৰে ৰেকৰ পৰা চামৰাৰ থৈলাসহ কিতাপখন উলিয়াই আনি সসন্মানে বাবৰৰ হাতত দিলে। বাবৰে থৈলাসহ কিতাপখন দুহাতেৰে ধৰি হুমায়ুনলৈ উদ্দেশ্য কৰি ক'লেমনত আছে নে পুত্ৰ, এদিন কাবুলৰ ওচৰৰ এখন পাহাৰত বহি থাকোঁতে আপুনি মোৰ আত্মজীৱনীখন খোজা কথা? বাবৰে কিতাপখন হুমায়ুনলৈ আগবঢ়াই ক'লেএয়া লওঁক, আপুনি খোজা সেই আত্মজীৱনীযিমান দূৰ সম্ভৱ মোৰ লিখিব লগা কথাবোৰ মই এতিয়া লিখি শেষ কৰিছোঁ। এই কিতাপখন লিখোঁতে মই বাৰ বছৰ সময় লৈছোঁ।

    সেইদিনা দেউতাকে কোৱা শব্দকেইটা হুমায়ুনৰ মনত পৰি গ'ল৷ বাবৰে সিদিনা পাহাৰ এখনৰ ওপৰত বহি একান্ত মনে আত্মজীৱনীখন লিখি আছিল৷ কৌতূহলবশতঃ হুমায়ুনে পাহাৰৰ ওপৰলৈ উঠি গৈ বাবৰক সুধিছিলকি কৰি আছে, আব্বা হুজুৰ?

    বাবৰে লিখিবলৈ এৰি কাগজ-কলম শিল এচটাৰ ওপৰত একাষৰীয়া কৰি থৈ কৈছিলমোৰ জীৱনৰ ঘাত-সংঘাত, অভিজ্ঞতা-ব্যর্থতা, জয়-পৰাজয়ৰ সঁচা কাহিনী লিখি আছোঁ, পুত্র।

    হুমায়ুনে বালকসুলভ কৌতূহলেৰে কৈছিলমই পঢ়িব পাৰিম নে, আব্বা হুজুৰ ?

    বাবৰে নিৰ্বিকাৰভাবে কৈছিলনিশ্চয় পঢ়িব পাৰিব। কিন্তু এতিয়াই নহয়। কিতাপখন লিখা শেষ হ'লেহে পঢ়িব পাৰিবএটা কথা জানি থওঁক, এই কিতাপখন শেষ হ'ব মানে মোৰ জীৱনৰ অন্তিম সময়ো উপস্থিত হ'ব। এইদৰে কৈয়ে বাবৰে কিতাপখন হুমায়ুনলৈ আগবঢ়ালে।

    বাবৰে আগবঢ়োৱা কিতাপখন হুমায়ুনে দুহাতেৰে ধৰি মূৰত স্পৰ্শ কৰিলে। তাৰ পাছত কিতাপখন মূৰৰ পৰা নমাই আনি চুমা খালে। চুমা খোৱাৰ সময়ত হুমায়ুনৰ চকুৰ পৰা চকুলো বৈ আহি এটোপা চকুলো কিতাপখনৰ ওপৰত পৰিল

    বাবৰে ৰৈ ৰৈ কৈ গ'ল- মোৰ অন্তিম ইচ্ছাৰ কথা মনত ৰাখিব। এই কিতাপখন আমাৰ সতি-সন্ততিসকলে পঢ়া উচিত হ'ব। এই কিতাপখন পঢ়ি ম‍ই কৰা ভুলবোৰৰ যাতে পুণৰাবৃত্তি নহয় সেই শিক্ষা ল'ব লাগিব। মোৰ ভাল কামবিলাক চলাই যাব লাগিব আৰু বেয়া কামবোৰ পৰিত্যাগ কৰিব লাগিব। এই কিতাপখনৰ নকল তৈয়াৰ কৰি চমৰকন্দ, তাচকন্দ আৰু আন্দিজানলৈ পঠিয়াবলৈ নাপাহৰিব। কোনে জানে এই কিতাপখনেই হয়তো এদিন হিন্দুস্থান আৰু মাউৰা উন্নহৰৰ মাজত সম্পৰ্ক স্থাপনত সহায়ক হ'ব!

    খানজাদা বেগমৰ উপলব্ধি হ'ল, বাবৰে যেন কিতাপখন নহয় জীৱনৰ শেষ মুহূৰ্তত উইল (ইচ্ছা পত্ৰ) এখনহে এৰি থৈ গৈ আছেতাই ধৈর্য ধৰি থাকিব নোৱাৰিলে। অশ্রু সজল নয়নত আবেগিক কণ্ঠত তাই কৈ উঠিলবাবৰজান, মোৰ প্ৰাণাধিক ভাই। মই আপোনাৰ বায়েকমই আপোনাতকৈ পাঁচ বছৰৰ জ্যেষ্ঠ। যদি আমাৰ দুজনৰ এজনে এই পৃথিৱীৰ পৰা আঁতৰি যাব লাগে, নিয়মমতে মইহে আগতে যাম। আপুনি মোতকৈ আগতে যাব নোৱাৰে বাবৰজানবাবজান....... মোৰ ভাই........... নাই নাই। খানজাদা বেগম ফেঁকুৰি উঠিল

    খানজাদা বেগমে বাবৰক বাবৰজান বুলি সম্বোধন কৰাত বাবৰ তেওঁৰ ল'ৰালি লৈ উভতি গ'মনত পৰি গল মাক-দেউতাকৰ কথা। তেওঁলোক এতিয়া নিশ্চিন্ত মনে শুই আছে মাউৰা উন্নহৰৰ মাটিত আৰু তেওঁ......... মাত্ৰ খন্তেকৰ বাবে অতীতলৈ গুচি গৈয়ে লগে লগে তেওঁ পুনৰ বাস্তৱলৈ ঘূৰি আহিল৷

    দৰবাৰৰ আদব-কায়দা অনুসৰি বেগ, চাকৰ-বাকৰ, পুত্ৰ, প্ৰিয়তমা পত্নীৰ দ্বাৰা জাহাঁপনা সম্বোধন বাবৰৰ অসহ্য লাগি আছিল। সেয়ে তেওঁ হুমায়ুনলৈ উদ্দেশ্য কৰি ক'লেমোক এবাৰ আব্বা বুলি মাতক, পুত্ৰ

    আব্বা ! আব্বাজান। হুমায়ুন ফেঁকুৰি উঠিল৷

    লগে লগে মহিলাসকল সমবেত কণ্ঠত চিঞৰি উঠিল

    সংযোগবশতঃ বাবৰে আত্মীয় পৰিজনৰ পৰা বিদায় লোৱাৰ সময়ত হেকিম ইউছুফ বেগ আহি তাত উপস্থিত হ'

    বাবৰ তেতিয়া ঘামত তিতি-বুৰি উঠিছিলউশাহ-নিশাহ লোৱাতো তেওঁৰ কষ্ট হৈ আছিলকণ্ঠৰ পৰা গৰগৰ কৈ একপ্ৰকাৰৰ শব্দ বাহিৰ হৈ আছিল

    জাহাপনা, আপুনি এতিয়া বিশ্রাম লোৱা প্রয়োজন। হেকিমে এইদৰে কৈ মখমলৰ বগা কাপোৰেৰে বাবৰৰ মুখমণ্ডলৰ ঘাম মচি দিলে। তাৰ পাছত মাহিম বেগম আৰু খানজাদা বেগমক কক্ষৰ পৰা ওলাই যাবলৈ ইংগিত কৰি ক'লেআপোনালোক বাহিৰলৈ যাওঁক

    দুয়ো নিঃশব্দে কক্ষৰ পৰা ওলাই গ'ল ।

    হেকিমে হুমায়ুনৰ কাণৰ ওচৰলৈ মুখ আনি লাহেকৈ ক'লেআপোনাৰ মূৰত এতিয়া গুৰু দায়িত্বৰ বোজাআপুনিও যাওঁকগৈ।

    বাবৰৰ শুকান আঙুলিত চুমা খাই হুমায়ুনো নিঃশব্দে কক্ষৰ পৰা ওলাই গ'ল। হেকিম ইউছুফো হুমায়ুনৰ পিচে পিচে ওলাই গ'ল৷

    পৰিজনবৰ্গ কক্ষৰ পৰা ওলাই যোৱাৰ পাছত বাবৰে পুনৰ চেতনা ঘূৰাই পালে৷ চেতনা ঘূৰাই পাই তেওঁ মূৰ শিতানত থিয় হৈ বিচি থকা তাহিৰ বেগলৈ উদ্দেশ্য কৰি ক'লেআপুনি বাস্তুকাৰ ফজিলুদ্দিনক মাতি দিয়ক

    তাহিৰ বেগ দুৱাৰ মুখলৈকে আগবাঢ়ি আহি দেহৰক্ষী এজনক ফজিলুদ্দিনক মাতি আনিবলৈ পঠালে

    শিল্পী ফজিলুদ্দিন কক্ষৰ ভিতৰলৈ সোমাই আহি বাবৰৰ চৰ্মসাৰ চেহেৰালৈ চাই উচাপ খাই উঠিল। তেওঁ পুনৰ মৰণোন্মুখ বাবৰৰ ফালে নুচোৱাৰ প্ৰয়াস কৰি পালেঙৰ কাষত বহিলতেওঁ কোনোমতে বাষ্পৰূদ্ধ কণ্ঠত ক'লেজাহাঁপনা, আপুনি বিশ্বাস কৰক, আপোনাৰ সৎকর্মই আপোনাক দীর্ঘায়ু কৰিব৷

    এতিয়া মোকো মৌলানা বুলি মাতক, কাৰণ সিংহাসন মই হুমায়ুনক সমৰ্পণ কৰিছোঁ।

    কিন্তু আপোনাৰ ওচৰত শায়েৰীৰ সিংহাসন এতিয়াও সুৰক্ষিত, জাহাঁপনা ৷ হিৰাতত আমি আলী শ্বেৰ নবাইক হজৰত আলী শ্বেৰ বুলি মাতিছিলোঁআপুনি আমাৰ মাতৃভাষাক আৰবী আৰু ফাৰ্চীৰ সমমর্যদা সম্পন্ন কৰি তুলিছে। আলী শ্বেৰ নবাই জীৱিত অৱস্থাত এই সপোনকে দেখি আছিল৷ আপুনি তেওঁৰ সপোন বাস্তৱায়িত কৰি তুলিছে। গতিকে ৰাজসিংহাসন ত্যাগ কৰিলেও শায়েৰীৰ সিংহাসন আপুনি কোনোদিন ত্যাগ কৰিব নোৱাৰিব, জাহাঁপনা ৷

    ধন্যবাদ মৌলানা। আপুনি আগ্ৰা আৰু চিক্ৰীত আশ্চর্য সৌধ নির্মাণ কৰিছেবেহেস্তৰ দৰে বাগিচাও আপুনি নিৰ্মাণ কৰিছে। আল্লাহই যদি মোৰ আয়ুস আৰু কিছুদিন বঢ়াই দিলেহেঁতেন তেনেহ'লে মোৰ বহুদিনৰ সপোনচমৰকন্দৰ বিবি খানম মাদ্ৰাছাৰ দৰে এটি সৌধ নিৰ্মাণ কৰোৱালোহেঁতেন। কেনে আটকধুনীয়া সেই মাদ্ৰাছাৰ সৌধ৷ বাইদেৱৰ নামতো তেনেকুৱা এটি সৌধ নিৰ্মাণ কৰা উচিত

    খানজাদা বেগমৰ নাম শুনি ফজিলুদ্দিন উৎসাহিত হৈ উঠিল। বয়সৰ আঁচোৰেও ফজিলুদ্দিন আৰু খানজাদা বেগমৰ পবিত্ৰ ভালপোৱাত ফাটলৰ সৃষ্টি কৰিব পৰা নাই৷ এতিয়াও পৰস্পৰে পৰস্পৰক আগৰ দৰেই ভালপায়অৱসৰ সময়ত ইজনে-সিজনৰ কথা ভাবি পুলক অনুভব কৰে। সেয়ে খানজাদা বেগমৰ নামত সৌধ নিৰ্মাণ কৰাৰ কথা শুনি তেওঁ আগ্ৰহেৰে ক'লেআচলতে মহিলাসকলৰ নামত নামকৰণ কৰি ধুনীয়া ধুনীয়া সৌধ নিৰ্মাণৰ জৰিয়তে সৌধৰ যশ গৌৰৱ বঢ়োৱাৰ পৰম্পৰা আগৰে পৰাই চলি আহিছে, জাহাঁপনা চমকন্দৰ বিবি খানম মাদ্রাছা' বিখ্যাত মাদ্রাছাহিন্দুসকলেও মহিলাক খুউব সন্মান কৰে। তেওঁলোকে যিসকল দেৱ-দেৱীৰ আৰাধনা কৰে, তাৰ ভিতৰত দেৱীও আছেলক্ষ্মী, পার্বতী, দুর্গা আদি

    মৌলানা, মোৰ বাইদেউ খানজাদা বেগম, আপুনি জানে নিষ্ঠুৰ নিয়তিয়ে............... আপোনালোক দুজনক সুখী হ'বলৈ নিদিলেমোৰ কাৰণেই আপোনালোকৰ সপোন বাস্তৱায়িত নহ'ল............ বাবৰ পুনৰ আগৰ প্ৰসংগলৈ আহিল  মাদ্ৰাছাযাৰ সপোন আপুনি বহুদিনৰ পৰা দেখি আহিছে......... যদি নিৰ্মাণ কৰিব পাৰে............... সেই মাদ্ৰাছাৰ নাম 'মাদ্ৰাছা খানজাদা বেগমৰাখিব

    আপুনি মোৰ মনৰ কথাকে কৈছে, জাহাঁপনাএয়া মোৰ বহুদিনৰ সপোনফজিলুদ্দিনে আবেগিকভাবে সহজ-সৰল ভাষাত ক'লেযদি এই সপোন সফল কৰাৰ কাৰণে আয়ুসে মোক সহায় নকৰেতেনেহ'লে পৃথিবীৰ পৰা আঁতৰি যোৱাৰ সময়ত মই এই কামৰ দায়িত্ব মোৰ পুতেকক গতাই যাম। সি হিন্দুস্থানী কাৰিকৰৰ লগত লগলাগি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পাৰিব৷

    বাবৰ পুনৰ ঘামত তিতি উঠিল। ৰেচমৰ বগা কামিজ তেওঁৰ গাত লিপিট খাই ধৰিলে।

    মোমাইদেউ! তাহিৰ বেগে শংকিত কণ্ঠত ক'লেহেকিমৰ নিৰ্দেশজাহাঁপনাক যেন বেছি বিৰক্ত কৰা নহয়।

    ফজিলুদ্দিনে সন্মতিসূচক মূৰ জোকাৰি বাবৰৰ হাতত চুমা খালেইতিমধ্যে বাবৰৰ শ্বাসকষ্ট আৰম্ভ হৈ গৈছিলসেয়ে তেওঁ সেহাই সেহাই 'বলৈ ধৰিলেআপোনাৰ ওচৰত মোৰ... অনুৰোধ............... কাবুলত এখন বাগিচা আছে.. সেয়া নিৰ্মাণ কৰিছিলমোৰ শেষ আৰাম গাহ ..................... অনাড়ম্বৰ বাবে তাতেই বনাব।

    বিষাদ-বেদনাত ফজিলুদ্দিনৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। তেওঁ মুখেৰে এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলে। মাথোন সন্মতিসূচক মূৰ দুপিয়াই তেওঁ এক প্ৰকাৰ দৌৰিয়ে কক্ষৰ পৰা ওলাই গ'ল।

    তাহিৰে বাবৰৰ বিছনাৰ চাদৰ সলাই নতুন চাদৰ পাৰি দিলে। বাবৰ ৰোগ শয্যাত আশ্ৰয় লোৱাৰে পৰা বাবৰৰ সকলো প্ৰকাৰ পৰিচৰ্যাৰ কাম তাহিৰ বেগেই চম্ভালি আছিল। ঔষধ-পথ্য, পিয়াহ লাগিলে পানী, ঘামি উঠিলে ঘাম মচি দিয়া, বিচি দিয়া, উশাহ-নিশাহ লোৱাত কষ্ট হ'লে সহায় কৰি দিয়া আৰু অন্যান্য আনুসংগিক কামবোৰ তেওঁ আন্তৰিকতা ও দায়িত্ব সহকাৰেই চম্ভালি আছে। এইবোৰ কামৰ কাৰণে তাহিৰে আন কাকো পালেঙৰ ওচৰলৈ পৰ্যন্ত আহিবলৈ নিদিয়ে৷

    বতৰ গোমা হৈ থকাৰ কাৰণে যথেষ্ট গৰম পৰিছিলৰাতিৰ গভীৰতা বঢ়াৰ লগে লগে গৰমৰ মাত্ৰাও বাঢ়ি আহিবলৈ ধৰিলে। অত্যধিক গৰমৰ কাৰণে বাবৰে অস্বস্তি অনুভৱ কৰাত তাহিৰ বেগে পৰিচাৰক কেইজনক মাতি পালেঙখন বাৰান্দালৈ আনিলে।

    বাহিৰত আন্দিজানৰ দৰে পাতল ঠাণ্ডা অনুভূত হোৱাত বাবৰে কিছু স্বাচ্ছন্দ্য অনুভৱ কৰিবলৈ ধৰিলে

    বিছনাত শুইয়ে বাবৰে ৰাতিৰ আকাশলৈ চাই পঠিয়ালে।

    আকাশত তৰাবোৰ মিট্‌মিট্‌কৈ উজলি আছিল। বাবৰে তৰাবোৰলৈ চাই তন্ময় হৈ পৰিলতেওঁৰ অনুমান হ'ল যেন তৰাবোৰ ভ্ৰমি আছে। এটা তৰাই যেন আনটো তৰাক নির্দয়ভাবে খুন্দিয়াই আছে। দৃশ্যটো বাবৰৰ মনত ভয়ংকৰ হৈ উঠিলপ্ৰচণ্ড ভয়ত তেওঁ তাহিৰ বেগক মাতিলে তাহিৰ বেগ মোৰ ওচৰলৈ আহকচোন

    তাহিৰবেগ অনতিদূৰতে থিয় হৈ পৰিচাৰকসকলৰ লগত কথা পাতি আছিলবাবৰৰ আতংকিত কণ্ঠৰ মাত শুনি তেওঁ দৌৰি বাবৰৰ ওচৰলৈ আহি সুধিলেকি হ', জাহাঁপনা? কিবা লাগিব নেকি?

    বাবৰে চকু মুদিয়ে ক্ষীণকণ্ঠত ক'লেমোৰ শৰীৰ যেন শিথিল হৈ আহি আছে তাহিৰ বেগ

    তাহিৰ বেগে উৎকণ্ঠিতভাবে সুধিলেহেকিম মাতি আনিম নোক, জাহাঁপনা?

    নাই নাই, হেকিম মাতিব নালাগেআপুনি গাটো অকণমান পিহি দিয়ক। বাৰু, আপুনি শুই থাকক; মই আপোনাৰ হাত-ভৰি মালিচ কৰি দিওঁতাহিৰ বেগে লাহে লাহে বাবৰৰ কান্ধ, হাত-ভৰি মালিচ কৰি দিবলৈ ধৰিলে কিছু সময় নিশ্চল হৈ পৰি থাকি কৌতুহলবশতঃ বাবৰে পুনৰ আকাশলৈ চাই পঠিয়ালে

    বাবৰৰ এইবাৰ অনুমান হ', যেন কলা আকাশৰ বিশালতাত তৰাবোৰ স্থিৰ হৈ আঙঠাৰ দৰে ট'' কৰি জ্বলি আছেএইবাৰ তেওঁ ভয় নাখালেতৰাবোৰৰ মাজৰ পৰা তেওঁ সপ্তর্ষিমণ্ডল, ধ্ৰুৱ তৰা আৰু পূব আকাশৰ কৃত্তিকা নক্ষত্র বিচাৰিবলৈ ধৰিলে।

    তাহিৰ বেগেও আকাশৰ ফালে চাই আছিলতেওঁ হঠাৎ উৎসাহিত কণ্ঠত কৈ উঠিলসৌৱা, সৌফালে চাওঁক, জাহাঁপনা । সৌ হাতীপটিলৈ চাওঁকচোন। আমাৰ কুবাৰ পৰাও হাটীপটি এনেকুৱাই দেখা গৈছিল৷

    বাবৰৰ মন আন্দিজান আৰু আন্দিজানত কটোৱা ল'ৰালিৰ দিনবোৰলৈ উভতি গ'ল।

    বাবৰে ল'ৰালিতে শুনিছিল যে, হাতীপটি হ'ল হীৰাৰ চিলা। আকাশী বায়ুৰ সাহায্যত হাতীপটি মনৰ আনন্দত হীৰাৰ নেজ জোকাৰি জোকাৰি উত্তোত্তৰ ওপৰলৈ উঠি থাকে; কিন্তু এক অদৃশ্য সূতাৰে ধ্ৰুৱ তৰাৰ লগত বান্ধি থোৱাৰ ফলত বেছি দূৰলৈ আঁতৰি যাব নোৱাৰে৷

    ল'ৰালিতে শুনা সেই কাহিনীটো বাবৰৰ মনত পৰি গ'ল। আন্দিজানৰ আকাশৰ দৰে আগ্ৰাতো তৰাৰ অৱস্থান একেই হোৱাত তেওঁৰ মনটো ফৰকাল হৈ উঠিল। ফলত তেওঁ ল'ৰালিৰ দিনবোৰত কিছু সময় বিচৰণ কৰিব খুজিলে; কিন্তু খন্তেক পাছতে তেওঁ পুনৰ অসুস্থ হৈ পৰিল

    তৰাবোৰ যেন পুনৰ চাকনৈয়াৰ দৰে ঘূৰিবলৈ ধৰিলেহঠাৎ যেন তৰাৰ চাকনৈয়া বাবৰৰ ওপৰত খহি পৰিল। পাছমুহূৰ্ততে এক অদৃশ্য শক্তিয়ে যেন তওঁক আলফুলে ধৰি শূন্য লৈ উৰুৱাই লৈ যাবলৈ ধৰিলে ।

    এক সুগভীৰ সুখানুভূতিত বাবৰে চকুমুদি দিলে......!!!

          অন্ত

 

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)