ভূত (একাংকিকা)
ভূত (একাংকিকা) চৰিত্ৰ পৰিচয় জামাল , লতিফ আৰু কামাল - ডেকা ল ' ৰা । প্রহ্লাদ- এজন মধ্য বয়সীয়া মানুহ । সঞ্জীৱ বাছফোৰ- এজন মদপী। - ভূত (অষ্টমীৰ জোনটো পাটত বহিবলৈ আৰম্ভ কৰিছিল। এনেতে কথা পাতি পাতি জামাল , লতিফ আৰু কামালৰ প্ৰৱেশ) জামাল- খৰধৰ কৰ , জোনটো পাটত বহিলেই। জোন অস্ত গ ' লে আন্ধাৰৰ মাজত যোৱাটো বৰ অসুবিধা হ ' ব । লতিফ- আগৰ সেই ঠাই ডোখৰো ভাল নহয়। তাত হেনো ভূত আছে। কামাল- ঐ সেইবোৰৰ নাম নল ’ বি। নাম শুনিলেই মোৰ গাৰ নোম ডাল ডালকৈ শিৱঁৰি উঠে। এয়া চা , নোমবোৰ কেনেকৈ শিয়ঁৰি উঠিছে। জামাল- তহঁতৰ দৰে ভীৰুবোৰৰ উঠিবই। ভূত হ ' ল মনৰ ভ্ৰম , বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই । কামাল- (জামালৰ মুখত হাতেৰে সোপা দি) তই সেইবৰোৰৰ নাম নল ’ বিচোন । দেউতাৰ মুখত শুন...