পোস্টগুলি

ৰাহুল আৰু সিহঁত দুজন(শিশু সাহিত্য) লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

ৰাহুল আৰু সিহঁত দুজন(শিশু সাহিত্য)

ছবি
       ৰাহুল আৰু সিহঁত দুজন (শিশু সাহিত্য )       সূচীপত্র গৰুৰ নেজত ধৰি ব্ৰহ্মপুত্ৰত এপাক চড়ক খেলা- ৰাহুলৰ চহৰ ভ্ৰমণ- যাদু খেল দর্শন- চোৰ-পুলিচ খেল- ৰাহুলৰ অশ্বাৰোহণ- ধান-খেৰৰ পুঁজিত দিবা যাপন- ভেড়া-যুঁজ- কল চুৰি- উপসহাৰ-                প্ৰস্তাৱনা বিদ্যালয়পৰা আহি ৰাহুলে মাকক চোতালত থিয় দি থকা দেখি পাঠ্যপুথিখন দলিয়াই দি দৌৰি আহি মাকক সাৱটি ধৰি ক ' লে- মা , ভাত দে। বৰ ভোক লাগিছে। মাকে পাঠ্যপুথিখন বুটলিলৈ ধুলি-মাকতিবোৰ জাৰি-জোকাৰি ক ' লে- যা , বাল্টিত পানী দিয়া আছে , আগতে হাত-মুখ ধুই আহগৈ যা। ৰাহুলে প্রতিবাদ কৰি ক ' লে- নাই নাই , হাত-মুখ নুধোও। আগতে ভাত দিয়া। বৰ ভোক লাগিছে। এইদৰে কৈ ৰাহুলে মাকৰ দুই উৰুৰ মাজত মূৰ গুজি ঠেলিবলৈ ধৰিলে। মাকে ৰাহুলক কোলাত লৈ ক ' লে- হাত-মুখ নুধোৱাকৈ খাব নালাগে নহয়। খালে বেমাৰ হয়। বল , ময়ে ধুৱাই দিওঁগৈ। মাকে বাহুলক লৈ নাদৰ পাৰলৈ আহিল আৰু ৰাহুলৰ হাত-মুখ ধোৱাই পুনৰ কোলাতলৈ পাক ঘৰলৈ আহিল। বাহুল কোলাৰপৰা পিছলি নামি...