পোস্টগুলি

গীতিনাট্য আৰু পুতুলা নাচ লেবেল থাকা পোস্টগুলি দেখানো হচ্ছে

বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতুলা নাচ

ছবি
  বাঘবৰ অঞ্চলত নাটক, গীতিনাট্য আৰু পুতলা নাচ এটা সময়ত বাঘবৰ অঞ্চল মানে আলীগাঁও, সাৰগাঁও, পালাৰপাম, মাণিকপুৰ সাতমুখী, মৰাবাজ, জাহানাৰপাৰ, বাঘবৰ আদি অঞ্চলত বহুতো ভাল ভাল অভিনেতা আছিল। এই অভিনেতাসকলৰ কে ’ বাজনো অভিনেতা খুবেই উচ্চ পৰ্যায়ৰ আছিল। সুযোগ-সুবিধা পালে এওঁলোকৰ কে ’ বাজনো অভিনেতাই চলচ্চিত্ৰতো অভিনয় কৰি সুনাম অৰ্জন কৰিব পাৰিলেহেঁতেন। এই অভিনেতাসকলৰ ভিতৰত প্ৰথমে নাম ল ’ ব লাগিব আলীগাঁৱৰ ফয়জল হকৰ। ফয়জল হক আলীগাঁও অঞ্চলত হক চাহাব নামেৰে পৰিচিত আছিল। তেওঁৰ অভিনয় প্ৰতিভা খুবেই উচ্চপৰ্যায়ৰ আছিল। ষাঠিৰ দহকত আলীগাঁও অঞ্চলৰ আলীৰপাম বজাৰত এটি চখৰ নাট্যদল আছিল। সেই নাট্যদলত তাৰাপদ সাহা, নাৰায়ণ বসাক, ৰাধাবল্লভ সাহা, বিশ্বনাথ সাহা, ফজল বৈৰাগী, পৰেশ সাহা, কানাইলাল সাহা গুনীন্দ্ৰ সাহা(টেনু সাহা), হৰিপদ সাহা, পতিতপাৱন কৰ্মকাৰ, মোহনলাল বাকালি আদিয়ে সুখ্যাতিৰে অভিনয় কৰিছিল। কালাইলাল সাহা আৰু গুণীন্দ্ৰ সাহাই স্ত্ৰী চৰিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছিল। সত্তৰ দহকৰ প্ৰথম পৰ্যায়ত আলীৰপাম বজাৰ গৰাখহনীয়াৰ কৱলত পৰাত বজাৰ আলীগাঁৱলৈ স্থানান্তৰ কৰা হয়। তেতিয়া উপৰোক্ত অভিনেতা সকলৰ লগত সন্ধ্যাৰাণী সা...