মুখ বাগৰা মুকুতা-১
মুখ বাগৰা মুকুতা-১
সাপ নচুৱা আৰু বান্দৰ।
মদন এজন সাপ নচুৱা। এদিন সি সাপৰ খেল দেখুৱাবলৈ বুলি হাটলৈ
গৈ আছিল। জেঠ মাহৰ দুপৰীয়া। টিকা-ফটা ৰ’দ। ৰ’দৰ তাপত তাৰ
অণ্ঠ-কণ্ঠ শুকাই যোৱাত সি সাপ ভৰাই অনা মাটিৰ পাত্ৰটো গছ এজোপাৰ তলত নমাই থৈ ওচৰতে
থকা মানুহ এঘৰলৈ পানী খাবলৈ গ'ল।
গছজোপাত কেইটামান বান্দৰ বাস কৰিছিল। মদনে আটোম-টোকাৰিকৈ
বান্ধি সাপ ভৰাই অনা পাত্ৰটোত নিশ্চয় কিবা লোভনীয় খোৱা বস্তু আছে বুলি বান্দৰ কেইটাই ভাবিলে। মানুহজনৰ সাজ-পাৰো
চকুত লগা ধৰণৰ ! মুৰটোও তেল-পানী সানি পৰিপাৰ্টিকৈ ফনিওৱা। বান্দৰ
কেইটাই ভাবিলে, মানুহজনে নিশ্চয় মিঠৈ জাতীয় কিবা ভাল খোৱা বস্তু লৈ
শহুৰেকৰ ঘৰলৈ গৈ আছে!
মিঠৈৰ কথা মনত পৰাৰ লগে লগে টেঙা দেখিলে যেনেকৈ জিভাৰ পানী
সৰ সৰকৈ ওলাবলৈ ধৰে, ঠিক সেইদৰে বান্দৰ কেইটাৰো জিভাৰ পানী ওলাবলৈ ধৰিলে। মদনে পাত্ৰটো অকলশৰীয়াকৈ এৰি থৈ
যোৱা দেখি মলুৱা বান্দৰকেইটাই লোভ সামৰিব নোৱাৰি গছৰ পৰা সৰ সৰকৈ নামি এখোজ-দুখোজকৈ পাত্ৰটোৰ কাষলৈ আহিল। পাত্ৰটোৰ
কাষ পাই দল-পতি বান্দৰটোৱে জিভাখন দুই তিনিবাৰ্মান টকালি সন্তর্পণে পাত্ৰটোৰ ঢাকোন খুলি পেলালে।
ঢাকোন খোলাৰ লগে লগে ফেঁটী সাপ এডাল ফোঁচ কৰি ফেঁট তুলি মূৰ
দাঙি উঠিল। ঘটনাৰ আকস্মিকতাত বান্দৰটো কিংকর্তব্য বিমূঢ় হ’ল যদিও
আত্মৰক্ষাৰ তাগিদাত থাপ মাৰি সাপডালৰ ডিঙিত ধৰি পেলালে।
আকস্মিক আক্ৰমণত শংকিত হৈ আত্মৰক্ষাৰ কাৰণে সাপডালে
লক্ষ্মণক নাগপাশে মেৰিয়াই ধৰাৰ দৰে বান্দৰটোক মেৰিয়াই ধৰিলে।
সাপডলে খোঁটিলে জীৱলৈ আধ্যা পৰিব বুলি ভাবি বান্দৰটোৱে
মৰোঁ-জীওঁ-সোঁ আধিকৈ সাপডালৰ পাকবোৰ খহাবলৈ চেষ্টা চলালে।
কিন্তু বৃথা চেষ্টা ! এফালৰ পৰা পাক খহাই গ’লে আনফালৰ পৰা সাপডালে পুনৰ মেৰিয়াই ধৰে। বাৰে বাৰে চেষ্টা
কৰিও যেতিয়া বান্দৰটোৱে সাপডালৰ পাক খহাবলৈ সক্ষম নহ’ল,
তেতিয়া বান্দৰটোৱে বেলেগ উপায় চিন্তা কৰিবলৈ ধৰিলে। হঠাৎ
বান্দৰটোৰ চকু গ’ল
ওচৰতে থকা কোঁটকোৰা
গছ এজোপালৈ। কাঁইটীয়া গছ দেখি সি বুদ্ধি থিৰাং কৰি পেলালে। সি ভাবিলে, গছজোপাৰ কাঁইটীয়া গা-গছত ঘঁহিলে সাপড়ালে
নিশ্চয় পাক খহাবলৈ বাধ্য হ’ব!
ভবামতেই কাম। বান্দৰটোৱে কেঁকো-জেঁকোকৈ গছজোপাৰ গুৰিলৈ আহি
কাঁইটীয়া গা-গছত সাপডাল ঘঘণ কৰিবলৈ ধৰিলে। কাঁইটৰ আঁচোৰত অতিষ্ঠ হৈ সাপডালে পাক খহাবলৈ বাধ্য হ’ল। এটা সময়ত বান্দৰটো সম্পূৰ্ণৰূপে নাগপাশৰ পৰা মুক্ত হৈ
পৰিল। নিশ্চিত মৃত্যু- মুখৰ পৰা ৰক্ষা পৰি বান্দৰটোৱে ততাতৈয়াকৈ সাপডাল দলিয়াই পেলাই একেলৰে গৈ গছত
উঠিল।
‘কলপুলিৰে ৰভা সাজে
বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে সিজে।।
’* * *
সন্যাসী আৰু মুখ চোকা তিৰোতা।
এদিনাখন এজন সন্যাসীয়ে শিতানত ইটা এটা গাৰোৰ দৰে দি এজোপা
গছৰ তলত শুই আছিল। তেনেতে সেই বাটেদি কেইজনীমান তিৰোতা মানুহ পানী আনিবলৈ নদীৰ ঘাটলৈ বুলি ওলাই আহিল।
সন্যাসীজনক শিতানত ইটা দি শুই থকা দেখি মুখ চোকা তিৰোতা এজনীয়ে লগৰ তিৰোতাকেইজনীক উদ্দেশ্য কৰি ক'লে- চোৱাচোন চোৱা, সন্যাসীজনৰ কাণ্ড চোৱা ! সি ঘৰ-সংসাৰ, ল’ৰা-তিৰোতা, আত্মীয়, বন্ধু-বান্ধৱ সকলোৰে মোহ ত্যাগ কৰিব পাৰিছে, অথচ সাধাৰণ এটা গাৰোৰ মোহ ত্যাগ কৰিব পৰা নাই! গাৰোৰ
পৰিৱৰ্তে শিতানত কেনেকৈ
ইটা দি আৰামত শুই আছে!
তিৰোতাজনীয়ে কোৱা কথাষাৰ সন্যাসীজনৰ কাণত পৰিল। সি ভাবিলে, তিৰোতাজনীয়ে কোৱা কথাষাৰ অপ্রিয় হ’লেও একেবাৰে সত্য। মইচোন সকলো ত্যাগ কৰিব পাৰিছো, সাধাৰণ গাৰো এটাৰ মোহ ত্যাগ কৰিব নোৱাৰিমনে? নিশ্চয় পাৰিম। আজিৰ পৰা মই আৰু গাৰো ব্যৱহাৰ নকৰোঁ। এইদৰে মনতে ভাবি সন্যাসীজনে শিতানৰ পৰা ইটাটো উলিয়াই
দলিয়াই দিলে।
সন্যাসীজনে ইটা দলিওৱা দেখি তিৰোতাজনীয়ে পুনৰ ক'লে- চোৱাচোন চোৱা, সন্যাসীজনৰ খং নোচোৱা কিয়? ইমান খং লৈ সন্যাসী হ’ল
কেনেকৈ?
ই আচলতে এজন ভণ্ড সন্যাসী। সম্ভৱতঃ নিজৰ পৰিয়ালটোক পোহপাল
দিব নোৱাৰিহে সন্যাস গ্ৰহণ কৰিছে!
লগৰ তিৰোতাকেইজনীয়ে মুখ চোকা তিৰোতাজনীক ইংগিতেৰে সমৰ্থন
কৰি সন্যাসীজনৰ ফালে কোহিকৈ চাই হাঁহি হাঁহি নদীৰ ঘাটলৈ বুলি আগবাঢ়ি গ'ল।
তিৰোতাজনীৰ মন্তব্যত সন্যাসীজন আহত হ’ল যদিও কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে। সি তিৰোতাকেইজনীৰ
গন্তব্য পথলৈ চাই ভাবিলে, মানুহক সন্তুষ্ট কৰিবলৈ কোনো কাৰ্য কৰাৰ দৰে মূৰ্খামী আৰু
দ্বিতীয়টো নাই!
নিৰীহৰ পদে পদে দোষ
ভাল কামতো আনে দেখে দোষ।।
* * *
1
ভায়েক-ককায়েক।
এসময়ত এখন গাঁৱত দুজন ভায়েক-ককায়েক আছিল। গেন্ধেলা
ককায়েক আৰু বীৰবল ভায়েক। আর্থিক অৱস্থাও মোটা-মুটি স্বচ্ছল।
ভায়েক বীৰবল চতুৰ প্ৰকৃতিৰ। সি কিছু লিখা-পঢ়াও শিকিছে।
কিন্তু গেন্ধেলা নিবোকা। সংসাৰৰ আওভাও একোকে বুজি নাপায়। ভায়েকৰ
নির্দেশ মতেই সি সদায় কাম-বনলৈ ব্যস্ত থাকে।
ইফালে বীৰবলে কাম-বন একো নকৰে। সদায় মেল-মিটিং লৈ ব্যস্ত
হৈ থাকে। মাথোন ককায়েকক কামৰ নিৰ্দেশহে দিয়ে। ককায়েকে ভায়েকৰ নিৰ্দেশ মতে সকলো কাম-কাজ চন্ডালে।
ভাই ভাই ঠাই ঠাই বোলা কথা এষাৰ আছে। সময়ৰ গতিত এদিন দুয়ো
বেলেগ হ’ব লগা হ’ল। ককায়েক-ভায়েকে মাটি-সম্পত্তি, ঘৰ-দুৱাৰ, স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি সমানে সমানে দুভাগত ভগাই ল'লে।
কিন্তু লেঠা লাগিল খীৰতী গাইজনীকলৈ৷ এজনী মাথোন গাই! দুজনী
হ’লে কথা নাছিল। সমানে সমানে এজনী এজনীকৈ ভগাই ল’ব পাৰিলেহেঁতেন। কিন্তু এজনী মাথোন গাই হোৱাত বিৰাট সমস্যাই দেখা দিলে। বেলেগ
বস্তু হ’লে কাটি দুছেওকৈ ভগাই ল’ব পাৰিলেহেঁতেন!
গাইজনী জীউ থকা প্রাণী, গতিকে দুছোৱা কৰি কাটিও ভগাই ল’ব নোৱাৰে! গতিকে সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰে এই
বিষয়ে বীৰবলে
ভাবিবলৈ ধৰিলে।
বীৰবল চতুৰ। বুদ্ধিত বৃহস্পতি ! সি নাক মোহাৰি বুদ্ধি
উলিয়াই ককায়েকক ক’লে-ককাইদেউ, এতিয়া গাইজনীক ভাগ কৰোঁ কেনেকৈ?
জীউ থকা প্রাণী যেতিয়া কাটি দুছোৱা কৰি ভগাই লোৱাও সম্ভৱ
নহয়। গতিকে কাম এটা কৰোঁ। গাইজনীক আগফাল আৰু পিছফাল হিচাপে ভগাই লওঁ। তুমি ডাঙৰ যেতিয়া তোমাক পিছফাল দিলে লোকে বেয়া
বুলিব। গতিকে তুমি আগফাল লোৱা আৰু মই পিছফাল লওঁ।
ভায়েকৰ প্ৰস্তাৱত আপত্তি কৰাৰ কোনো কাৰণ নেদেখি ককায়েক
গেন্ধেলাই উক্ত প্রস্তাৱত সন্মতি জনালে।
গাইজনী পিয়ল দিয়া আছিল। আগফালে যেতিয়া মুখ গতিকে চর্তমতে
গেন্ধেলাই ঘাঁহ-পানী খুৱায় আৰু ভায়েকে ৰাতিপুৱা গাইজনী খীৰাই লৈ যায়। গাইজনী জীয়াই থকা সময়লৈকে এই নিয়ম অনুসৰি
গাইজনীৰ ঘাঁহ-পানী খুওৱা আৰু গাখীৰ খীৰোৱা চলি থাকিল।
হলা গছ পালে আটায়ে বাগি কুঠাৰ মাৰে
সুযোগ পালে ভায়েকেও ককায়েকক ঠগে।।
* * *
দুই কৃপণ।
বহুদিন আগৰ কথা। বেলেগ বেলেগ দুখন গাঁৱত দুজন কৃপণ আছিল।
এজনৰ নাম বৃন্দাবন আৰু আনজনৰ নাম হৰিহৰ। গাঁও দুখনৰ মাজত ভালেখিনি
দূৰত্ব হোৱাৰ কাৰণে কৃপণ দুজনৰ মাজত কোনো ধৰণৰ চা-চিনাকি নাছিল।
বৃন্দাবন কৃপণৰ আছিল এজন ল’ৰা আৰু হৰিহৰ কৃপণৰ আছিল এজনী ছোৱালী। যৌৱনৰ ধৰ্ম অনুসৰি দুয়োৰো বিয়াৰ
বয়স হ’ল। কিন্তু কৃপণৰ ঘৰ বুলি কোনেও ছোৱালী দিবলৈ বা ছোৱালী বিয়া
কৰাবলৈ আগবাঢ়ি নাহিল। ইফালে দুয়োৰে বিয়াৰ বয়স পাৰ হওঁ হওঁ অৱস্থা। ওচৰে-পাঁজৰে
সম্বন্ধ হোৱাৰ কোনো লক্ষণ নেদেখি এদিন শুভ দিন-বাৰ চাই বৃন্দাবন কৃপণ ওলাল কইনা
বিচাৰি আৰু আনপিনে হৰিহৰ কৃপণ ওলাল দৰা বিচাৰি।
সংযোগবশতঃ কৃপণ দুজন আহি আহি এজোপা গছৰ তলত একে সময়তে
জিৰণি ল’বলৈ বহিল। কিন্তু মুখা-মুখি হৈ নবহিল। মুখা- মুখিকৈ বহিলে
কিজানিবা দুটা কথা অনাহকত খৰচ কৰিব লাগেই! এই ভয়তে উভয়ে উভয়ৰ ফালে পিঠি দি
বহিল।
তেনেতে এজনী সাত-আঠ বছৰীয়া ছোৱালী সেইখিনি পালেহি।
ছোৱালীজনীক দেখি বৃন্দাবনে ক’লে- আইজনী, তোমাৰ
ঘৰ ওচৰতে নেকি?
ছোৱালীজনীয়ে ক'লে- হয়, ওচৰতে। এইদৰে কৈ তাই ওচৰতে থকা ঘৰ এখনলৈ আঙুলিয়াই ক'লে- সৌখনে আমাৰ ঘৰ।
জলপান কৰিব লাগিছিল। বৃন্দাবনে ক'লে- পানী এগিলাচ আনি দিব পাৰিবা নেকি?
একেলৰে গৈ ছোৱালীজনীয়ে এগিলাচ পানী আনি দিলে।
বৃন্দাবনে পকেটত সযতনে ৰক্ষিত বাতাচা এটা উলিয়াই গিলাচৰ
পানীত আলফুলে জুবুৰিয়াই বাতাচাটো পুনৰ সযতনে পকেটত ভৰাই বাতাচা জুবুৰিওৱা
পানী খাই জলপানৰ কাম সমাধা কৰিলে।
হৰিহৰ কৃপণে আলেঙে-আলেঙে বৃন্দাবন কৃপণৰ আলেখ-লেখ চাই আছিল।
পানী পিয়াহৰ লগতে তাৰ ভোকো লাগিছিল। বৃন্দাবনে জলপান খোৱা দেখি
তাৰ ভোক দুগুণে চৰিল। সিয়ো ছোৱালীজনীক পানী এগিলাচ আনি দিয়াৰ কাৰণে খাটনি ধৰিলে।
ছোৱালীজনীয়ে আৰু এগিলাচ পানী আনি হৰিহৰক দিলে।
পানীৰ গিলাচটো সন্মুখত থৈ হৰিহৰে কাগজেৰে সযতনে মেৰিয়াই
অনা বাতাচা এটা পকেটৰ পৰা উলিয়াই কাগজৰ ভাঁজ খুলি বাতাচাটো উলিয়ালে।
সি বাতাচাটোৰ ছাঁ গিলাচৰ পানীৰ ওপৰত পেলাই বাতাচাটো পুনৰ সযতনে কাগজেৰে মেৰিয়াই
পকেটত ভৰাই পানীখিনি ঘোঁট-ঘোটকৈ খাই এটি তৃপ্তিৰ উগাৰ মাৰিলে।
বৃন্দাবন কৃপণে হৰিৰ্হৰৰ কাণ্ড চাই অবাক! আও, ই দেখোন সাংঘাতিক কৃপণ ! কৃপণালিত মোতকৈও এখোপ চৰা। কৃপণালী
সম্বন্ধে এওঁৰ পৰা বহু কথা শিকিব লগা আছে! এওঁৰ ছোৱালী এজনী থাকিলে
ভাল আছিল। সোণত সুৱগা চৰিলহেঁতেন! সমান জোখৰ এঘৰ মিতিৰ হলহেঁতেন আৰু কৃপণালী
সম্বন্ধে বহু কথাও শিকিব পৰা গ'লহেঁতেন!
এইদৰে মনতে ভাবি সি হৰিহৰৰ পেটৰ কথা পাবলৈ পোনতে মাত লগালে- মহাশয়, আপোনাৰ ঘৰ ক’ত?
বৃন্দাবনৰ আকস্মিক প্রশ্নত হৰিহৰে কপাল কোঁচাই বিৰক্তি
প্ৰকাশ কৰি ক'লে- মোৰ ঘৰৰ বতৰা
আপোনাকনো কেলেই লাগে?
বৃন্দাবনে তোষামোদৰ সুৰত ক'লে- নাই মানে....আপোনাৰ কাম-কাজ মোৰ খুউব পছন্দ হৈছে। আপোনাৰ
দৰে গুণীলোক আজি-কালি পোৱাই টান হৈ পৰিছে। মোৰ সৌভাগ্যৰ বলতহে আপোনাৰ দৰে এজন গুণীলোকৰ
দৰ্শন মিলিল।
বৃন্দাবনৰ প্ৰশংসা শুনি হৰিহৰৰ মনটো অলপ প্রসন্ন হ’ল। সি পূৰ্ব দিশৰ ফালে আঙুলিয়াই ক'লে- মোৰ ঘৰ বহু নিলগত। ইয়াৰ পৰা দুই প্ৰহৰৰ বাট।
অমাতৰ মাত ফুটা দেখি বৃন্দাবনে এঢাপ আগুৱাই সুধিলে- এইফালে
কি সকামতনো অহা হৈছে?
বৃন্দাবনৰ জলপান খোৱাৰ ধৰণ দেখি হৰিহৰ বৃন্দাবনৰ প্ৰতি
স্বাভাৱিকতে কিছু আকৰ্ষিত হৈছিল। গতিকে সি মনৰ জোখৰ মানুহ পাই মনৰ কথা খুলি ক’লে- সকাম অৱশ্যেই আছে। ছোৱালী এজনীৰ
কেতিয়াবাই বিয়াৰ বয়স হ’ল। কিন্তু দৰাৰ অভাৱত বিয়া দি
উলিয়াই দিব পৰা নাই। গতিকে ছোৱালীজনীৰ বাবে দৰা বিচাৰি আহিছো।
হৰিহৰৰ কথা শুনি বৃন্দাবনে যেন হাতত সৰ্গ ঢুকি পালে। সি
আথে-বেথে ক’লে- তেনেহ'লে ৰাহি-যোৰা মিলিল দেখোন! মোৰো ল’ৰাৰ বিয়াৰ বয়স
হৈছে। কিন্তু জোখৰ সম্বন্ধ নাপাই বিয়াখন পাতিব পৰা নাই। গতিকে আপোনাৰ ছোৱালীজনী
মোৰ ল’ৰালৈ বিয়া দি উলিয়াই নিদিয়ে কিয় ?
আনন্দত হৰিহৰৰ মুখমণ্ডল উজ্জ্বল হৈ উঠিল। সি ক'লে-বৰ ভাল কথা! আপোনাৰ দৰে এজন গুণীলোকৰ লগত
সম্বন্ধ কৰিব পাৰিলে মই নিজকে ধন্য মানিম। আজিৰ পৰা আমি দুয়ো বিয়ে হ’লো। নে কি কয়?
এয়া আৰু ক’ব লগা কথা নেকি? বৃন্দাবনে ক’লে-
এতিয়া বিয়াৰ দিন-বাৰ ধার্য কৰাৰহে কথা!
উভয়ে তেতিয়াই বিয়াৰ দিন-বাৰ ধার্য কৰি ঘৰা-ঘৰি গ'ল। কেইদিনমান পাছত কুকুৰ-মেকুৰী বান্ধি থৈ
মহা-ধুমধামেৰে বিয়াখন পাতি দিলে।
সাপেহে
সাপৰ ঠেং দেখে
ডলাৰ
চিন চাই পিঠা লেখে।।
* * *
কবি আৰু খেজুৰ-ৰস৷
কবিসকল স্বাভাৱিকতে কিছু ভাবুক প্ৰকৃতিৰ হয় বুলি আমি আটায়ে জানো। কেতিয়াবা
একোজন কবিয়ে ভাবত বিভোৰ হৈ এনেকুৱা
কিছুমান কাণ্ড কৰি পেলায় যে, যিবোৰ কাণ্ডই
সাধাৰণ মানুহৰ বাবে হাঁহিৰ খোৰাক যোগায়!
এবাৰ আমাৰ গল্পৰ কবিজন ঘামত তিতি-বুৰি ক'ৰবাৰ পৰা ঘৰলৈ অহাত গা শাঁত পৰক বুলি ঘৈণীয়েকে ফেৰিৱালাৰ পৰা ৰখা খেজুৰৰ ৰস এগিলাচ কবিজনক খাবলৈ দিলে। ৰস খাই কবিজনে বৰ ভাল পালে। সি ৰসৰ
প্ৰশংসা কৰি ক'লে- বৰ ভাল বস্তুহে ! খাই বৰ ভাল লাগিল। গাটো একেবাৰে শাঁত পৰি গ'ল। এয়া কিহৰ ৰসহে ! পালা ক’ত?
কবিয়ে খেজুৰৰ ৰস ভালপোৱা বুলি শুনি ঘৈণীয়েেকও ভাল পালে। তাই ক’লে-এয়া খেজুৰৰ ৰস। ৰাতিপুৱা ফেৰিৱালা এজনে বেচিবলৈ আনিছিল। আপোনাৰ কাৰণে ৰাখি থৈছিলো।
অকনমান সৰহকৈ পোৱাৰ আশাত ঘৈণীয়েকক ভালৰি বোলাবলৈ কবিজনে ক'লে- হয় নেকি? বৰ ভাল কৰিছা।
ৰস খাই অমৃত খোৱা যেনেই সোৱাদ পালো।
আছে যদি আৰু অকনমান নিদিয়া কিয়!
ঘৈণীয়েকে ফেৰিৱালাৰ পৰা মাথোন এক লিটাৰ ৰসহে ৰাখিছিল। ল’ৰা-ছোৱালীকেইটা আৰু নিজে খাই অতোৱাৰ পাছত এগিলাচ ৰসহে কবিৰ কাৰণে ৰাখিছিল। গতিকে অধিক ৰস দিবলৈ অক্ষমতা প্ৰকাশ কৰি
ঘৈণীয়েকে ক’লে- যিখিনি আছিল
আপোনাক দিলো। এক লিটাৰ ৰসহে ৰাখিছিলো। আমি আটায়ে অলপ অলপ খাই আপোনাৰ কাৰণে
এগিলাচ সাঁচি ৰাখিছিলো।
– বাৰু, নাই যেতিয়া দিবা ক’ৰ পৰা? পিছে, খেজুৰৰ ৰস কেনেকৈ উলিয়ায়হে?
ঘৈণীয়েকে কবিৰ অজ্ঞতাত আশ্চর্য প্ৰকাশ কৰি ক'লে- উৱা! সেয়াও আপুনি নাজানে নেকি? খেজুৰ ৰস খেজুৰ গছ কাটি উলিয়ায়
আকৌ!
অ’ হয় নেকি? কবিয়ে নিজৰ অজ্ঞতাত লাজ পাই ঘৈণীয়েকক
শলাগিলে।
ঘৈণীয়েকে প্রসংগ সিমানতে সামৰি বেলেগ কামলৈ বুলি ওলাই গ'ল।
আচলতে কবিয়ে ৰস খাই খুবেই ভাল পাইছিল। কেনেকৈ আৰু অধিক ৰস খাব পাৰে ঘৈণীয়েক
ওলাই যোৱাৰ পাছত তেওঁ সেই
চিন্তাত বিভোৰ হৈ পৰিল। হঠাৎ তেওঁৰ চকু গ'ল ঘৰৰ চৌহদত থকা খেজুৰ গছডাললৈ। গছডীল দেখি তেওঁৰ ৰস খোৱাৰ হেঁপাহ যেন দুগুণে চৰিল। সতৃষ্ণ নয়নে তেওঁ গছডাললৈ চাবলৈ ধৰিলে।
ভাৱত বিভোৰ হৈ তেওঁ এটা সময়ত ঘৰৰ ভিতৰলৈ সোমাই গৈ কুঠাৰ এখন উলিয়াই আনিলে আৰু কুঠাৰখন লৈ তেওঁ লাহে লাহে
গছডালৰ গুৰিলৈ গৈ কঁকালত টানকৈ গামোচাখন
বান্ধি ল’লে। তাৰ পাছত আগ-পাছ নাভাবি গছডালত ঘঁপিয়বলৈ ধৰিলে। গুৰি কটাৰ পাছত গছডাল ধৰ্মকৈ বাগৰি পৰিল।
গছডাল পৰাৰ শব্দ শুনি ঘৈণীয়েকে বাজলৈ ওলাই আহি দেখিলে খেজুৰ গছডাল মাটিত
বাগৰি পৰি আছে আৰু কবিয়ে হাতত কুঠাৰ এখন লৈ ঘামি-জামি গছডালৰ গুৰিত থিয় দি আছে।
ঘৈণীয়েকে গুৰি কটা গছডাললৈ আঙুলিয়াই কবিক উদ্দেশ্য কৰি সুধিলে- গছডাল এনেকৈ
কাটিলে কিয়?
কবিয়ে সেমেনা-সেমেনি কৰি ক'লে- ৰস খাবলৈ
বৰ মন গৈছিলহে। ভাবিলো, নিজৰ ঘৰতেই
গছডাল আছে যেতিয়া কাটি ৰস
উলিয়াই হেঁপাহ পলুৱাই খাই লওঁ। কিন্তু ক’তা, ৰস ক’ত? ৰস দেখোন নাই!
তেনেকৈ কাটিলে ৰস ওলায় নেকি? ঘৈণীয়েকে আক্ষেপৰ
সুৰত ক’লে- আপোনাৰো যে কাণ্ডজ্ঞান! গছডাল আপুনি মিছাতে ধ্বংস কৰিলে !
মিছাতে ধ্বংস কৰিলো! তুমি কি কোৱাহে? তুমিয়ে জানো কোৱা নাছিলা যে, খেজুৰ গছ
কাটিলে ৰস ওলায় বুলি?
তৰ্ক কৰা বৃথা বুলি ভাবি ঘৈণীয়েকে মূৰে-কপালে হাত দি ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
কানিখোৰক কয় কানীয়া
কবিসকল
হ’ল আধা বলিয়া।।
* * *
ব্ৰাহ্মণ আৰু জ্যোতিষী।
বহুদিন আগতে বিপ্রপদ নামৰ এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণৰ এজন
যোগ্যতাহীন দুর্কপালীয়া পুতেক আছিল। পুতেকৰ নাম দামোদৰ।
দামোদৰৰ বয়স হ’লত ব্ৰাহ্মণে বিদ্যাৰ্জনৰ কাৰণে তাক স্কুললৈ পঠালে। কিন্তু তাৰ ওপৰত
সৰস্বতী প্রসন্ন নাছিল। সেয়ে এটা শ্ৰেণীত তিনি-চাৰিবাৰ মানকৈ ৰৈ ৰৈ সি মেট্ৰিকৰ
দেওনা পালে যদিও চাৰিবাৰ পৰীক্ষা দিওঁ মেট্ৰিকৰ দেওনা পাৰ হ’ব
নোৱৰিলে। গতিকে তাৰ লিখা-পঢ়া নহ’ব বুলি দেউতাকে ব্যৱসায়ত
লগাই দিলে। কিন্তু ব্যৱসায়তো সি সফল হ’ব নোৱাৰিলে। শেষত
নিৰূপায় হৈ ব্ৰাহ্মণে তাক খেতি-বাতিত লগাই দিলে; কিন্তু
তাতো সি সফল হ’ব নোৱাৰিলে। বাৰে বাৰে চেষ্টা কৰিও তাক কোনো
কামৰ লায়ক কৰি গঢ়ি তুলিব নোৱাৰি ব্ৰাহ্মণ হতাশ হৈ উঠিল। কোনো কামৰ লায়ক নহয় যদি
ধোদৰ-পচলা পুতেকক খুৱাই-বোৱাই ৰাখিনো কি লাভ? এইদৰে মনতে
ভাবি ব্রাহ্মণে দামোদৰক ঘৰৰ পৰা খেদি পঠিওৱাৰ কথা ভাবিলে।
কিন্তু বাপেকৰ হৃদয়!সতকাই পুতেকক খেদি পঠিয়াবলৈও সত
নাযায়। গতিকে পুতেকৰ যোগ্যতা আছে, নে নাই সেই বিষয়ে গণি-পিতি চাবলৈ জ্যোতিষী এজনৰ শৰণাপন্ন হোৱাৰ কথা
ভাবিলে।
ভবামতেই কাম ! দুদিন পাছত জ্যোতিষী এজন মাতি আনিলে।
জ্যোতিষীজনে পুথি-পাঁজি চাই গণি-পিতি ক’তো যোগ্যতা বিচৰি নাপাই ক’লে- নাই, কোনো ক্ষেত্ৰতে দামোদৰৰ যোগ্যতা নাপালো। ভৰিৰ পৰা মূৰলৈকে প্ৰতিটো
অংগ-প্ৰত্যগৰ বিচাৰ-খোচাৰ কৰি চালো, কিন্তু কতো এখুদমানো
যোগ্যতা বিচাৰি নাপালো। এতিয়া আপোনাৰ যি মন যায় তাকে কৰিব পাৰে!
এইদৰে কৈ জ্যোতিষীয়ে পুথি-পাঁজি সামৰি দক্ষিণা লৈ ঘৰলৈ গ'ল। হতাশ হৈ ব্ৰাহ্মণে যোগ্যতাহীন দামোদৰক
ঘৰৰ পৰা খেদি পঠিয়ালে।
ঘৰৰ পৰা খেদা খাই দামোদৰে কান্দি কান্দি উদ্দেশ্যহীনভাবে
বাটে বাটে গৈ থাকিল। বাটত তাৰ সাক্ষাৎ হ’ল সেই ৰাজ্যৰে ৰাজকুমাৰৰ লগত।
ৰাজকুমাৰে চিকাৰ কৰিবলৈ গৈছিল। চিকাৰৰ পৰা উভতি অহাৰ বাটত
দামোদৰক বাটে বাটে কান্দি কান্দি গৈ থকা দেখা পালে।
ৰাজকুমাৰে সিদিনা যথেষ্ট চিকাৰ পাইছিল। গতিকে তাৰ মন-মেজাজ
ভাল আছিল। ইফালে এটা সময়ত দামোদৰ তাৰ সহপাঠীও আছিল। গতিকে দামোদৰৰ কন্দা-কটা দেখি
ৰাজকুমাৰৰ হিয়া পমি গ'ল। সি
ঘোঁৰাৰ লেকামডাল টানি ধৰি ঘোঁৰা ৰখাই দামোদৰক সুধিলে- কিহে দামোদৰ, এইদৰে কান্দি কান্দি ক’লৈ গৈ আছা? কন্দাৰ কাৰণ কি?
দামোদৰে কান্দি কান্দি নিজৰ দুৰ্ভাগ্যৰ কথা ৰাজকুমাৰৰ আগত
বিৱৰি ক'লে। ৰাজকুমাৰে সকলো কথা শুনি ম্রিয়মান হৈ
সুধিলে- এতিয়া ক’লৈ যোৱাৰ কথা ভাবিছা ?
দামোদৰে কান্দি কান্দি ক’লে- ‘ক’লৈনো আৰু যাম! দুচকুই যিফালে নিয়ে সেইফালেই যাম। ক’তো যদি আশ্রয় নাপাও আপোনঘাতী হৈ মৰিব লাগিব। মোৰ
দৰে দুৰ্কপালীয়াই মৰাই ভাল !’
দামোদৰৰ দুখ দেখি বিগলিত হৈ ৰাজকুমাৰে দামোদৰক নিজৰ কাৰেঙলৈ
লৈ আহিল। ভালদৰে আদৰ-সাদৰকৈ খোৱাই-বোৱাই ৰাজকুমাৰে দামোদৰক নিজৰ বিছনাতে
শুৱলৈ দিলে। ৰাজভোগ খোৱাৰ পাছত কোমল বিছনাত শুৱলৈ পাই দামোদৰে স্বৰ্গ-সুখ অনুভৱ কৰিবলৈ ধৰিলে আৰু
এটা সময়ত সকলো দুখ-বেদনা পাহৰি সি গভীৰ টোপনিত লালকাল দিলে।
মাজনিশা হঠাৎ আঠালতীয়া কিবা বস্তু হাতত লগাত ৰাজকুমাৰ সাৰ
পাই উঠিল৷ এঠালতীয়া কিবা বস্তু যেন তাৰ শৰীৰ, কাপোৰ-কানি আদিত লাগি থকা অনুমান হ’ল। লগতে এক ধৰণৰ বিশ্রী দুর্গন্ধও তাৰ নাকত লাগিল। বতাহত
শুঙি শুঙি দুর্গন্ধটো যে এঠালতীয়া বস্তুৰ পৰাই ওলাইছে এই বিষয়ে অনুমান কৰিবলৈ
তাৰ অসুবিধা নহ'ল।
বস্তুবোৰনো কি তাকে চাবলৈ সি চুইচ টিপি লাইট জ্বলালে।
লাইট জ্বলি উঠাৰ লগে লগে কাণ্ড দেখি ৰাজকুমাৰ অবাক হৈ পৰিল।
উৱা, এয়া দেখোন মানুহৰ মল-মূত্ৰ ! ঘৃণাত ৰাজকুমাৰে ‘উৱাক থুঃ’ বুলি বমি কৰি দিলে।
বমি কৰাৰ শব্দ পাই দামোদৰ সাৰ পাই বিছনাত উঠি বহিল। সি
দেখিলে বিছনা মল-মূত্ৰ আৰু বমিৰে ভৰি আছে। দামোদৰে ৰাজকুমাৰক বমি কৰি থকা দেখি
মল-মূত্ৰৰ ফালে আঙুলিয়াই সুধিলে- এইবোৰ কি? এইদৰে বমি কৰিছা কিয়?
এইবোৰ কি, মোক সুধিছানে? ৰাজকুমাৰে খঙেৰে সৈতে ক’লে- মাতি আনি ভাল আপদ চপাই লৈছো! হাগা লাগিছে যদি মোক নামাতিলা কিয়? বিছনাতে এনেকুৱা কাণ্ড কৰিব লাগে নেকি?
মানে? দামোদৰে একো নুবুজাৰ ভাও জুৰি সুধিলে।
এতিয়া একো নুবুজা হ’লা ! ৰাজকুমাৰে খঙেৰে সৈতে ক’লে- কটিত হাত দি চোৱা, সকলো গম পাই যাবা।
দামোদৰে নিজৰ গুহ্যদ্বাৰত হাত দিলে। এঠালতীয়া
দুর্গন্ধযুক্ত কিছুমান বস্তু তাৰ হাতত লাগি আহিল। সি নিজৰ হাতখনলৈ চাই নাক কোঁচাই ৰাজকুমাৰলৈ
প্ৰশ্নবোধক দৃষ্টিৰে চালে।
ৰাজকুমাৰে দামোদৰৰ দৃষ্টিৰ অৰ্থ উপলব্ধি কৰিব পাৰি ইতিকিঙৰ
সুৰত ক’লে- এতিয়া গম পালানে কি কৰিছা? এনেকুৱাখন কৰিবা বুলি জানিলে কেতিয়াও
তোমাক আদৰ-সাদৰ কৰি মাতি নানিলোহেঁতেন! মাতি আনি আপদ চপাই লৈছো! ৰাজকুমাৰে শেষৰ
কথাফাকি নিজৰ মুখতে ভোৰ ভোঁৰাই ক'লে- বাৰু, যি কৰিলা, কৰিলাই! এই কথা কিন্তু আন কাকো নক’বা।
দামোদৰে বিব্ৰত দৃষ্টিৰে ৰাজকুমাৰৰ ফালে চাই ক'লে-নকম মানে? এই কথানো কেনেকৈ নুকোৱাকৈ থাকিম?
ৰাজকুমাৰে দেখিলে কথা ঘোৰতৰ! এই কথা জনা-জনি হ’লে সি মানুহৰ আগত মুখ উলিয়াব কেনেকৈ? ৰজাৰ ল’ৰাৰ বিছনাত পায়খানা কৰাৰ কথা শুনিলে প্রজাবিলাকে তাক কি বুলি ভাবিব!
ইয়াত মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা ! অ-কথা, কু-কথা বতাহতকৈও বেগাই চলে। ৰাতি পুওৱাৰ লগে লগে
কথাটো ৰাজ্যময় বিয়পি পৰিব। এই ঘটনাৰ কাৰণে হয়তো প্ৰজাবিলাকে তাক ৰজা বুলি
স্বীকাৰ কৰিবলৈও টান পাব! এক অজান লাজ-অপমান-ভয়ত সি শংকিত হৈ উঠিল।
তাৰ আন্তৰাত্মা আর্তনাদ কৰি উঠিল। সি ভয়-বিহ্বল দৃষ্টিৰে দামোৰৰ ফালে চাই
অনুৰোধৰ সুৰত ক’লে-
তুমিতো জানাই মই ৰজাৰ ল’ৰা।
মোৰ বিছনাত এনেকুৱা অপকাণ্ড হোৱাৰ কথা প্ৰচাৰ হ’লে মই লোক-সমাজত মুখ উলিয়াব নোৱাৰিম। মই তোমাক পাঁচ হাজাৰ টকা
দিম। টকালৈ তুমি আজি ৰাতিয়ে ইয়াৰ পৰা গুচি যোৱাগৈ। মোৰ মান-সন্মানৰ কথা চিন্তা কৰি তুমি মোক এইফেৰা উপকাৰ কৰা।
ৰাজকুমাৰৰ কথা শুনি সপ্রশংস বিস্ময়ত দামোদৰে সন্ধানী
দৃষ্টিৰে ৰাজকুমাৰৰ ফালে চালে। সি ৰাজকুমাৰৰ চকু-মুখত আতংকিত ভাব বিৰাজ কৰি থকা
দেখিলে। ৰাজকুমাৰৰ আতংকিত ভাব দেখি তাৰ মনত লালসাৰ বাষ্পপুঞ্জ সঞ্চাৰিত হ’ল। সি অন্তৰত গভীৰ আত্মতৃপ্তি অনুভৱ কৰি
গহীন-গম্ভীৰ সুৰত ক’লে-বাৰু, তোমাৰ কথা মানিলো। কিন্তু তুমি পাঁচ হাজাৰ টকা দিয়াৰ
বাহিৰেও মোক ৰাজদৰবাৰত স্থায়ী কিবা এটা কামৰ ব্যৱস্থা কৰি দিব লাগিব।
ৰাজকুমাৰৰ তেতিয়া পানীত হাঁহ নচৰা অৱস্থা। সেয়ে সি একে
আষাৰতে দামোদৰৰ প্ৰস্তাৱ সমৰ্থন কৰি ক'লে- হ’ব বাৰু! দেউতাক কৈ ৰাজ দ্ৰবাৰত কিবা এটা চাকৰিৰ ব্যৱস্থা কৰি দিম। এইদৰে কৈয়ে
ৰাজকুমাৰে বিছনাৰ পৰা নামি গৈ চন্দুক খুলি পাঁচ হাজাৰ টকা উলিয়াই আনি দামোদৰৰ হাতত
দি ক’লে- এয়া লোৱা, আজি এই পাঁচ হাজাৰ টকা লৈ যোৱা। কেইদিনমান পাছত আকৌ আহিবা, তেতিয়া চাকৰিৰ ব্যৱস্থা হৈ যাব।
দামোদৰে টকাৰ বাণ্ডিল হাতত লৈ ক'লে- চাবা কিন্তু, চাকৰি নাপালে মই হঠাৎ কথাটো কাৰোবাক কৈ পেলাবও পাৰোঁ!
ৰাজকুমাৰে তিনি সইত খাই ক'লে- পাবা, পাবা, নিশ্চয় পাবা। মোৰ কথাৰ কেতিয়াও লৰচৰ নহয়। তুমি এতিয়াই
এই নিশাৰ ভিতৰতে ঘৰলৈ যোৱাগৈ।
দামোদৰে টকাৰ বাণ্ডিলটো ৰুমালেৰে মেৰিয়াই পকেটত ভৰাই ঘৰলৈ ঢাপলি মেলিলে। ঘৰ
আহি পাওঁতে ৰাতি পুৱাল।
ব্ৰাহ্মণ বাৰাণ্ডাত বহি হোকা হুপি আছিল। দামোদৰে ৰুমালেৰে
বান্ধি অনা টকাৰ টোপোলাটোদেউতাকৰ সন্মুখত দলিয়াই দি ক'লে-হোঃ লোৱা । গণি চোৱা ।
ব্রাহ্মণ অবাক ! ইকি কাণ্ড! ইয়াক দেখোন কালিহে খেদি
পঠিয়ালোঁ। আজি পুৱাতেই আকৌ আপদটো ক’ৰ পৰা আহি ওলাল! ব্ৰাহ্মণে টোপোলাটোলৈ আঙুলিয়াই ক'লে- হেৰ’ মূৰ্খ, কি আছে এই টোপোলাটোত?
টকা !দামোদৰে বুকু ফিন্দাই ক'লে- পুৰা পাঁচ হাজাৰ। গণি চোৱা।
টকা? ব্রাহ্মণে অৱজ্ঞা মিহলি সুৰত ক'লে- ঠাট্টা কৰিব আহিছ? গুচ্ ইয়াৰ পৰা। তই আনিবি পাঁচ হাজাৰ টকা ! ভেকুলীৰ পিঠিত
নোম গজা কথা ক’বলৈ আহিছ?
দামোদৰে অবিচিলিত কণ্ঠেৰে ক'লে- আগতে টোপোলাটো খুলি নোচোৱা কিয়!
দামোদৰৰ অবিচল কণ্ঠত ব্ৰাহ্মণে কৌতুক অনুভৱ কৰি টোপোলাটো
খুলি পেলালে। আও! এয়া দেখোন টকাই টকা ! বিস্ময়াভিভূত হৈ ব্ৰাহ্মণে সুধিলে-
ক’ত পালি ইমান টকা? কাৰোবাৰ পৰা চুৰি কৰি আনিছ নেকি?
দামোদৰে উদ্ধত ভংগীত ক’লৈ- চুৰি কৰা নাই। ৰজাৰ ল’ৰাই নিজে যাচি দিছে। মই তাৰ এটা মহৎ উপকাৰ কৰিছোঁ। ৰাজ
দৰবাৰত মোৰ স্থায়ী চাকৰিৰ ব্যৱস্থাও হ’ব।
টকাবোৰ সামৰি ব্ৰাহ্মণ গভীৰ ক্ষোভত জ্যোতিষীৰ ঘৰলৈ আহিল।
পাষণ্ড জ্যোতিষী, আজি দেখুৱাম তোক মজা ! ভুল গণণা কৰি মোৰ যোগ্যতা থকা পুতেকক
যোগ্যতাহীন বুলি ঘৰৰ পৰা খেদি পঠিয়াইছিলি! আজি তোক সুদাই নেৰোঁ। এইদৰে মনতে ভোৰ
ভোঁৰাই ব্ৰাহ্মণ জ্যোতিষীৰ ঘৰ পালেহি।
জ্যোতিষী ঘৰতে আছিল। জ্যোতিষীক দেখি ব্রাহ্মণৰ খং দুগুণে
চৰিল। সি প্রচণ্ড ক্ষোভ প্ৰকাশ কৰি ক'লে- কিহে জ্যোতিষী! গণণা কৰিব নাজানা যদি
নাজানো বুলি ক'লেই হ’ল ! ভুল গণণা কৰি লোকক কিয় মিছাতে হাৰাশাস্তিখন কৰা?
জ্যোতিষীয়ে ব্ৰাহ্মণৰ অভিযোগৰ তলা-নলা নাপাই ক’লে- কিনো ভুল গণণা কৰিলো, দেউ? খুলি নকয় কিয়?
কি ভুল গণণা কৰিলা ! একো যেন বুজিব পৰা নাই! ব্রাহ্মণে
ইতিকিঙৰ সুৰত কথাকেইটা কৈ টকাৰ টোপোলাটো জ্যোতিষীৰ সন্মুখত থেকেচা মাৰি থৈ ক’লে- মোৰ ল'ৰাৰ বোলে যোগ্যতা নাই? এয়া গণি চোৱা, পুৰা পাঁচ হাজাৰ।
-পাঁচ হাজাৰ মানে? কি পাঁচ হাজাৰ?
টকা ! বেলেগ একো নহয়। ব্রাহ্মণে ক্ষোভ মিশ্রিত সুৰেৰে ক'লে- টোপোলাটো খুলি তুমি নিজ চকুৰে চাই নোলোৱা কিয় ?
জ্যোতিষীয়ে টোপোলাটো খুলি চালে। সি টকা দেখি অবাক! আও, ইমান টকা! তেনেহ'লে সি গণণাত ভুল কৰিলে ক’ত! গণণাতো আচলতে ভুল হ’ব নালাগিছিল। ব্ৰাহ্মণে এইদৰে মনতে ভাবি মুখ ফুটাই ক’লে- সকলো পুথি-পাঁজি চাই গুণা-গঁথা কৰি মই আপোনাৰ ল’ৰাৰ ক’তো
যোগ্যতা পোৱা নাই। ইফালে টকাও আনিছে বহুত ! যোগ্যতা নাথাকিলে ইমান সোপা টকা আনিবই
বা কেনেকৈ? বাৰু, মই আকৌ এবাৰ গণি-পিতি চাই আছো। কিজানি ক'ৰবাত যোগ্যতা ৰৈ আছেই!
জ্যোতিষীয়ে পুনৰ পুথি-পাঁজিৰ পাত লুটিয়াবলৈ ধৰিলে। বহুপৰ গুণা-গঁথা কৰাৰ পাছত সি
উল্লসিত হৈ ক'লে-
পাইছো,
পাইছো। হয়, মই তাৰ অকনমান
যোগ্যতাৰ সন্ধান পাইছো। ইমান চেপা জেগাত যে যোগ্যতা থাকে আজিহে গম পালো।
মানে? ব্রাহ্মণে অধৈর্য হৈ সুধিলে- চেপা জেগা মানে? ক'ত
যোগ্যতা দেখা পালে?
জ্যোতিষীয়ে ক'লে- মই তাৰ গুহ্যদ্বাৰত অকনমান যোগ্যতাৰ সন্ধান পাইছো। ইমান
চেপা জেগাত যোগ্যতা! বাপৰে, ভাবিবই নোৱাৰি!
শিলা বৃষ্টিত বগলী মৰে
তাকে দেখি সন্যাসীৰ ক্ৰোমতালি বাঢ়ে।
* * *
শিয়াল আৰু সিংহ।
পশুৰ ভিতৰত শিয়াল ধূর্ত। শিয়ালে আনক ঠগেহে, নিজে নঠগে। কিন্তু হাতীৰো পিচলে পাও, সজ্জনৰো বুৰে নাও। আমাৰ গল্পৰ শিয়ালটোৰো এদিন
সেয়ে হ’ল।
এদিন আমাৰ গল্পৰ শিয়ালটোৱে সিংহই মাৰি থৈ যোৱা হৰিণা এটাৰ
মঙহৰে সিংহৰ অনুপস্থিতিত বৰভোজ খাই আছিল। শিয়ালটোৱে ভাবিছিল, সিংহ মামা অহাৰ আগতেই পেট পূৰাই মঙহ খাই গুচি যাব! কিন্তু
ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। বৰভোজ খাই থাকোঁতে হঠাৎ ক’ৰবাৰ পৰা আহি সিংহটো ওলাল। শিয়াল বপুৰাই গতি বিষম দেখি
নিৰূপায় হৈ দৌৰি পলাবলৈ ধৰিলে। সিংহটোও একা- চেকা বিধৰ! সি
শিয়ালটোক ধৰি এসেকা দিবলৈ পিছে পিছে খেদি আহিল।
আগে আগে শিয়াল আৰু পিছে পিছে সিংহ! সেয়া এক শিহৰণকাৰী
দৃশ্য। বনৰ আন আন জীৱ-জন্তু ভয়ত সন্ত্রস্ত। সিংহই শিয়ালটোক ধৰোঁ ধৰোঁ হওঁতেই হঠাৎ
শিয়ালটোৰ চকু গ’ল
সন্মুখত থকা ঠেক গাঁত এটালৈ। মৰোঁ-জীউ-সোঁ আধিকৈ দৌৰি শিয়ালটো কোনোমতে গৈ গাঁতটোত সোমাল।
গাঁতটো ঠেক আছিল। সেয়ে সিংহটো গাঁতত সোমাব নোৱাৰি বাহিৰৰ পৰাই তৰ্জ-গৰ্জন কৰিবলৈ
ধৰিলে।
সিংহটো যে গাঁতত সোমাব নোৱাৰে এই বিষয়ে নিশ্চিত হৈ
শিয়ালটোৱে আৰামকৈ বহি হাতোঁৰা চেলেকি চেলেকি ভাবিবলৈ ধৰিলে, আজি ভাল সাৰি গ'লো, বাপেকে! সিংহ মামাই ধৰিব পাৰিলে আজি মোৰ ফালে আধ্যাই পৰিলহেঁতেন! কিন্তু মই
শৰীৰৰ কোনটো অংগৰ বলত এই বিপদৰ পৰা ৰক্ষা পৰিলো! সি ভাবিলে, ঠেং চাৰিটাৰ বলতহে আজি কোনোমতে সিংহৰ হাতৰ পৰা সাৰি আহিলো।
নাই নাই, একমাত্র ঠেংকেইটাই
আজি তাক বচোৱা নাই। কাণ দুখন নাথাকিলে ঠেং কেইটাই তাক বচাব নোৱাৰিলেহেঁতেন। কাণ
দুখনৰ কাৰণেহে সিংহ অহাৰ উমান পাই সজাগ হৈ সি দৌৰি পলাব পাৰিলে। এই
ক্ষেত্ৰত চকু দুটায়ো তাক কম সহায় কৰা নাই! চকু দুটাৰে গাঁতটো দেখাৰ কাৰণেহে সি গাঁতটোত
সোমাব পাৰিলে ! গাঁতটো নেদেখিলে সি কিমান সময় দৌৰি থাকিলহেঁতেন! ইমান সময়ে সিংহ
মামাই তাৰ মঙহৰে বৰভোজ পাতিলেহেঁতেন!
এইদৰে প্ৰতিটো অংগ-প্ৰত্যংগৰ কথা গুণা-গঁথা কৰি থাকোঁতে
হঠাৎ শিয়ালটোৰ চকু গ’ল
নেজডালৰ ফালে। এই নেজডালে বিপদৰ সময়ত তাক কি সহায় কৰিলে? ভ্রূযোৰ কোঁচাই বহু সময় ভবা-চিন্তা কৰিও সি নেজডালে কৰা
সহায়ৰ কথা ভাবি উলিয়াব নোৱাৰিলে । বৰং এক বিপৰীত চিত্ৰহে তাৰ চকুৰ আগত
ভাঁহি উঠিল। কটা নেজডালে তাক সহায়তো কৰা নায়ে, বৰং তাক অসুবিধাতহে পেলাইছিল। নেজডালৰ কাৰণে সি
বেগাই দৌৰিব পৰা নাছিল। এই নেজডাল থকাতকৈ নথকাই ভাল। গতিকে নেজডাল সিংহ মামাক দি
দিলে কেনে হয়? অপ্রয়োজনীয় নেজডাল সিংহ মামাক দিলে সিংহ মামায়ো ভাল পাব আৰু সি নেজডালৰ
অনাহক বোজা কঢ়িওৱাৰ পৰাওঁ ৰক্ষা পৰিব!
ভবামতেই কাম। শিয়ালটোৱে গাঁতৰ ভিতৰৰ পৰাই সিংহটোলৈ বুলি
নেজডাল বাহিৰলৈ উলিয়াই দিলে। খঙত অগ্নিশর্মা হৈ থকা সিংহটোৱে নেজডাল
পাই থাপ মাৰি ধৰি পেলালে আৰু শিয়ালটোক গাঁতৰ পৰা টানি উলিয়াই আনি মাৰি
পেলালে।
‘কঁঠালে পেলালে মুচি
শিয়ালটো মৰিল নেজক দুষি।'
* * *
ৰজা আৰু ওলোটা খৰ মৰা নাপিত।
বহুদিন আগত শম্ভুচৰণ নামৰ এজন নাপিত আছিল। সি ৰাজকীয়
নাপিত। ৰজাৰ চুলি-দাঢ়ি কাটে। কিন্তু তাৰ এটা বৰ বেয়া অভ্যাস
আছিল। ৰজাৰ চুলি-দাঢ়ি কাটিবলৈ ল'লেই তাৰ ওলোটা খৰ মাৰিবলৈ মন যায় আৰু ক্ষৌৰকাৰ্য এৰি সি
ওলোটাকৈ খৰ দুটামান মাৰি আহি পুনৰ ক্ষৌৰকাৰ্য আৰম্ভ কৰে। নাপিতৰ এই হেন ব্যৱহাৰত ৰজাই বৰ
অস্বস্তি অনুভৱ কৰে। দাঢ়ি-চুলি কাটিবলৈ এৰি এইদৰে ওলোটা খৰ মাৰিবলৈ গ'লে কাৰনো অস্বস্তি নালাগিব? তাতে আকৌ ৰজা! হোলাৰ ভাই মূলা হ’লে বেলেগ কথা আছিল।
শম্ভুচৰণৰ এই কাৰ্যত বিৰক্ত হৈ ৰজাই এদিন প্ৰশ্ন কৰিলে-
শম্ভুচৰণ,
তোমাৰ এই আচৰণৰ কাৰণ কি? তোমাৰ এই কাৰ্যত মই বৰ অস্বস্তি অনুভৱ কৰোঁ।
শম্ভুচৰণে হাতযোৰ কৰি ক'লে- মহাৰাজ, দায়-দোষ নধৰিব। কেনেকৈ ওলোটা খৰ মাৰিবলৈ যাওঁ মই নিজে একো
গমেই নাপাওঁ, মহাৰাজ।
দুই তিনিটামান খৰ মৰাৰ পাছতহে মোৰ গাত হুঁচ আহে।
ৰজাই ভাবিলে, ভয় দেখুৱালে হয়তো নাপিতৰ এই বদ অভ্যাস আঁতৰ হ’ব। সেয়ে ৰজাই ক'লে- পুনৰ যদি ক্ষৌৰকাৰ্য এৰি খৰ মাৰিবলৈ
যোৱা তেনেহ'লে তোমাক কঠোৰ দণ্ড প্ৰদান কৰা হ’ব। আজিৰ পৰা সাৱধান হৈ যোৱা।
সিদিনাৰ পৰা নাপিত সজাগ হ’ল। সি কোনো পৰিস্থিতিতেই ওলোটা খৰ নামাৰে বুলি মনে মনে
প্রতিজ্ঞাৱদ্ধ হ’ল।
সিদিনাৰ পৰা সি ওলোটা
খৰ নামাৰিবলৈ যথাসাধ্য চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু হাজাৰ চেষ্টা কৰিও সি এই বদ অভ্যাস ত্যাগ
কৰিব নোৱাৰিলে। ৰজাৰ চুলি-দাঢ়ি কাটিবলৈ গ'লে সি ওলোটা খৰ মাৰিবই আৰু ৰজায়ো তাক দুই কথা শুনাবই! এয়া
যেন এক অভ্যাসত পৰিণত হ’ল। ফলত
ৰজাইএকোবাৰ শম্ভুক খেদি পঠিওৱাৰ কথা ভাবে; কিন্তু খেদি পঠিয়াব নোৱাৰে। কাৰণ শম্ভুচৰণ কামত পাকৈত।
ইফালে বিশ্বাসীও। ৰজা মানুহ ! যেই-সেই মানুহক বিশ্বাস কৰিবও নোৱাৰে! যাক বিশ্বাস কৰি আনিব
সি যদি দাঢ়ি কাটিবলৈ গৈ খেচাংকৈ ক্ষুৰডাল গলত লগাই দিয়ে! তেনেহলে দেখোন তেওঁৰ
জীৱনৰে আধ্যা পৰিব! গতিকে ভয়-ডৰ দেখুৱাই নাপিতৰ বদ অভ্যাস আঁতৰ কৰিবলৈ তেওঁ
চেষ্টা কৰিবলৈ ধৰিলে।
কিন্তু বহুদিন চেষ্টাৰ পাছতো যেতিয়া নাপিত্ৰ বদ অভ্যাস আঁতৰ নহ'ল তেতিয়া ৰজাই নিৰূপায় হৈ ওলোটা খৰৰ তলা-নলা উলিয়াবলৈ
এদিন জ্যোতিষী এজন মতাই অনালে।
এভাৰ পুথি-পাঁজি লৈ জ্যোতিষী আহিল। পুথি-পাঁজি চাই গুণা-গঁথা
কৰি জ্যোতিষীয়ে ক'লে-
মহাৰাজ,
নাপিতৰ ওলোটা খৰ মৰাৰ ৰহস্য পাইছোঁ। আপুনি বৰ ভাগ্যবান, মহাৰাজ ! আপুনি য’ত বহি চুলি-দাঢ়ি কটায় ঠিক তাৰ তিনি হাতমান মাটিৰ তলত সোণৰ
খনি আছে।
মেঘ নৌবিচাৰোঁতেই বৰষুণ ! ৰজা-বাদচাহৰ ধনৰ প্ৰতি লোভ বেছি।
তাতে আকৌ সোণৰ খনি! সোণৰ খনিৰ কথা শুনি ৰজাৰ চকুযুৰি আনন্দত নাচি উঠিল। তৎক্ষণাৎ ৰজাই মানুহ মতাই আনি ঠাইডোখৰ
খান্দিবলৈ মন্ত্ৰীক আদেশ দিলে। ৰজাৰ হুকুম! দহে-বিছে মানুহ আহি
মাটি খান্দিবলৈ লাগি গ'ল। কেই হাতমান খন্দাৰ পাছতেই জ্যোতিষীৰ গণনা সাৰ্থক কৰি
সোণৰ খনি ওলাই পৰিল। মানুহবোৰে সোণবোৰ নি ভঁড়ালত জমা কৰিলে।
সোণ-ৰূপ পাই সন্তুষ্ট হৈ ৰজাই জ্যোতিষীক সুধিলে- সোণৰ খনি
পালো,
বেচ ভাল হ’ল। কিন্তু নাপিতৰ ওলোটা খৰ মৰাৰ ৰহস্যটো দেখোন ৰহস্য হৈয়ে থাকিল?
জ্যোতিষীয়ে ক'লে- সোণৰ খনিৰ অন্তৰালতেইতো নাপিতৰ ওলোটা খৰ মৰাৰ ৰহস্য
নিহিত হৈ আছে, মহাৰাজ।
সোণৰ খনিৰ লগত নাপিতৰ ওলোটা খৰ মৰাৰ ৰহস্য কি? ৰজাই জ্যোতিষীৰ কথাৰ অৰ্থ বুজিব নোৱাৰি সুধিলে।
জ্যোতিষীয়ে কথাটো বুজাই ক'লে- নাপিতে তাত বহি ক্ষৌৰকাৰ্য কৰিবলৈ ল’লেই সোণৰ গেছ তাৰ গুহ্যদ্বাৰেদি গৈ মূৰ পায়হি। মূৰ
পোৱাৰ লগে লগে সি সোণৰ গেছৰ ক্ৰিয়া সহ্য কৰিব নোৱাৰি ওলোটা
খৰ মাৰে।
ময়ো দেখোন তাতে বহোঁ, মই ওলোটা খৰ নামাৰোঁ কিয়? ৰজাই কৌতুহলী হৈ সুধিলে।
জ্যোতিষীয়ে হাঁহি মাৰি ক'লে- মহাৰাজ, আপুনি ৰজা মানুহ! সোণ-ৰূপৰ চৰুতে আপোনাৰ জন্ম। গতিকে সেই
গেছে আপোনাৰ ওপৰত
ক্ৰিয়া কৰিব নোৱাৰে। আনহাতে নাপিতজন দুখীয়া। সি সোণ-ৰূপৰ মুখকে দেখা নাই। গতিকে
সি গেছৰ ক্ৰিয়া সহ্য কৰিব নোৱাৰি তেনেকৈ ওলোটাকৈ খৰ মাৰে।
উত্তৰত সন্তুষ্ট হৈ ৰজাই জ্যোতিষীক দান-দক্ষিণা দি বিদায়
দিলে।
‘টেঙা দেখিলে আটায়েৰে জিভাৰ পানী সৰে
সোণৰ গেছ সহ্য কৰিব নোৱাৰি নাপিতে ওলোটা খৰ মাৰে।
'* * *
মাছমৰীয়া
আৰু শল মাছ
ছাই সনা দুই ফান কটা
চিলনী বায়ে লগালে লেঠা
পোৱালিৰ বাবে লৈ গ'ল
থপিয়াই ধৰি
সাউদৰ সাত নাও বুৰালে তললৈ সৰি
যিয়ে নাজানে বৰশীৰ মায়া
মাছমৰীয়া আৰু শ’ল মাছ।
তাৰ আগলৈ গৈ বৰশী টোওঁৱা।।
এবাৰ এজন মাছমৰীয়াই বৰশীৰে এটা ডাঙৰ শ’ল মাছ ধৰিছিল। ডাঙৰ মাছ দেখি মাছমৰীয়াই মাছটো বিক্ৰী নকৰি
খাবলৈ বুলি ঘৰলৈ লৈ আহিল। ডাঙৰ মাছ দেখি উৎফুল্লিত হৈ ঘৈণীয়েকে তৎক্ষণাৎ
ছাই সানি মাছটো কুটিবলৈ লাগি গ'ল। মাছটোৰ ফান দুখন কাটিছিলহে মাথোন, এনেতে ক'ৰবাৰ পৰা চিলনী এজনী উৰি আহি তিৰোতাজনীৰ হাতৰ পৰা মাছটো থাপ মাৰি ধৰি লৈ উৰা
মাৰিলে।
অনতিদূৰতে নদীৰ পাৰত থকা এজোপা বগছত চিলনীজনীৰ বাহ আছিল।
বাহত পোৱালি আছিল তিনিটা। চিলনীজনীয়ে পোৱালিকেইটাক মাছটো খাবলৈ দি
পুনৰ খাদ্যৰ সন্ধানত ওলাই গ'ল।
পোৱালিকেইটাই মাছটো লৈ খোৱা-কামোৰা লগালে। শ’ল, মাগুৰ, শিঙি, কাৱৈ, শ’ল আদি
মাছ পানী নোহোৱাকৈও বহু সময় জীয়াই থাকিব পাৰে। ফান কটাৰ পাছতো আমাৰ গল্পৰ মাছটোও জীয়াই আছিল।
পোৱালিকেইটাই খোৱা-কামোৰা কৰি থকাৰ ছেগতে মাছটো চিলনীৰ বাহৰ পৰা
নদীৰ পানীলৈ বুলি জঁপিয়াই পৰিল। ঠিক গছজোপাৰ তলতে সাউদৰ সাতটা ডিঙা বন্ধা আছিল।
জীয়া মাছ ডিঙাত পৰা দেখি মাঝি-মাল্লাকেইজনে মাছটো ধৰিবলৈ লৰা-ঢপৰা লগালে।
লৰা-ঢপৰাৰ মাজতে এটা সময়ত আটাইকেইজন মাঝি-মাল্লা গৈ এখন
ডিঙাত উঠিল। ফলত ডিঙাখন কাতি হৈ পানীত বুৰ গ'ল। কিন্তু মাছটোৰ ভাগ্য বেয়া আছিল। সি জঁপিয়াই পানীত নপৰি পৰিলগৈ আন
এখন ডিঙাত। আটাইকেইজন মাঝি-মাল্লা পুনৰ গৈ সেইখন ডিঙাত উঠিল। ফলত সেইখন
ডিঙাও বুৰ গ'ল ৷
এনেকৈয়ে এখন ডিঙা বুৰে আৰু মাছটো গৈ আন এখন ডিঙাত জঁপিয়াই পৰে।
মাঝি-মাল্লাকেইজনো মাছ জঁপিয়াই পৰা ডিঙাত গৈ উঠে। ফলত সেইখন ডিঙাও বুৰ যায়। এনেকৈয়ে
সাউদৰ সাতখন ডিঙা পানীত বুৰ গ'ল আৰু মাছটো গৈ অৱশেষত নদীৰ পানীত পৰিল। অর্থাৎ মাছটো সাৰিল।
তিনি-চাৰিদিন পাছত সেই ফান কটা মাছটো পানীৰ ওপৰলৈ ভাহি উঠিল। এনেতে এজন
মাছমৰীয়াই মাছটো দেখি তাৰ আগত বৰশী টোঁৱাবলৈ ধৰিলে। তেতিয়া মাছটোৱে ওপৰত উল্লিখিত কথাফাকি কৈ
পানীত বুৰ মাৰিলে।
* * *
জজ আৰু কঁঠাল।
ব্ৰিটিছ আমোলৰ কথা।
এবাৰ এজন মানুহ এটা ফৌজদাৰী কেছত পৰিছিল। সাক্ষী-বাদী, আৰগুমেণ্ট আদি হৈ যোৱাৰ পাছত তাৰ শাস্তি হোৱাটো নিশ্চিত হৈ পৰিল। উকিল, মহৰী, জ্ঞানী-গুণী আটায়ে শাস্তি হোৱাটো খাটাং বুলি মত প্ৰকাশ
কৰিলে। একমাত্র জজ চাহাবে অনুগ্ৰহ কৰিলেহে সি মুক্তি পাব পাৰে বুলি
দুই-এজনে অভিমত ব্যক্ত কৰিলে। ইংৰাজ জজ ! আইনৰ নিৰ্দেশ আখৰে আখৰে পালন কৰে।
ভাৰতীয় হ’লেতো
কথাই নাই! পাৰিলে পাঁচৰ ঠাইত দহ আৰু দহৰ ঠাইত বিছ বছৰৰ শাস্তি বিহিবলৈ
কুণ্ঠাবোধ নকৰে। গতিকে জজৰ পৰা তেনেকুৱা অনুগ্রহ পোৱাৰ আশা নাই। সেয়ে আসন্ন
শাস্তিৰ কথা চিন্তা কৰি মানুহজন বলিয়াৰ দৰে হৈ পৰিল।
এদিন মানুহজন সিহঁতৰ গাঁৱৰে এজন জ্ঞানী মানুহৰ ওচৰলৈ গৈ
আসন্ন বিপদৰ পৰা মুক্তি পোৱাৰ বাবে পৰামৰ্শ বিচাৰিলে। জ্ঞানী মানুহজনে সকলো কথা
মনযোগেৰে শুনি চকুমুদি কিছুপৰ ভাবি ক’লে- তুমি কোৱা মতে কেছটো যিদৰে আগবাঢ়িছে সদ্যহতে মুক্তি
পোৱাৰ তেনে কোনো সূচল পন্থা মই দেখা নাই। অৱশ্যে তুমি যদি জজ
চাহাবৰ হাতে-ভৰিয়ে ধৰি কাকুতি-মিনতি কৰিব পাৰা, তেওঁৰ দয়া হ'লে মুক্তি দিবও পাৰে ! ব্ৰিটিছসকল যিমান কঠোৰ, সিমান কোমলো। কিন্তু এই কাম কৰিবলৈ তুমি কাকো নজনোৱাকৈ অকলে
যাব লাগিব। কিন্তু এটা কথা মনত ৰাখিবা, জজ চাহাবৰ ওচৰলৈ খালী হাতে নাযাবা। কথাতে কয়- শিশু. নাৰী
আৰু ৰাজকৰ্মচাৰী এই তিনিৰ ওচৰলৈ গ'লে খালী হাতে যাব নাপায় ! টকা-পইছা নিয়াৰ দৰ্কাৰ নাই। ৰজাৰ
জাত! সিহঁতৰ টকা-পইচাৰ অভাৱ নাই। সেয়ে কিবা এবিধ ভাল খোৱাবস্তু লৈ যাবা। পাৰিলে ঘৰৰে
মাছ,
পাৰ, কণী,
মালভোগ কল অথবা খাটি ঘিউ লৈ যাবা। ঘৰৰ বস্তু বুলি জানিলে জজ
চাহাবে ভালো পাব।
জ্ঞানী মানুহজনৰ কথামতে মানুহজন ঘৰলৈ আহি ঘৈণীয়েকক কথাটো
বুজাই কৈ কল অথবা কণী থাকিলে টোপোলা বান্ধি দিবলৈ ক’লে।
মানুহজনৰ কথা শুনি ঘৈণীয়েকে ক’লে- ঘৰখনত কল অথবা কণী একো নাই। অৱশ্যে পকা কঁঠাল এটা আছে।
আপুনি নহ'লে কঁঠালটোকে লৈ যাওঁকগৈ। জাতো ভাল। জজ চাহাবে খাই বৰ সোৱাদ
পাব।
মানুহজনে কঁঠালটো মূৰত লৈ জজ চাহাবৰ কোৱাৰ্টীৰ পালেহি। জজ
মানুহৰ কথা! গেটৰ সন্মুখত চিপাহী-চন্তৰীবোৰে বন্দুক লৈ পহৰাদি আছিল । গতিকে সি
গেটৰ ভিতৰলৈ সোমাই যাবলৈ সাহস গোটাব নোৱাৰিলে। ইফালে জজ চাহাবক লগ নধৰিলেও নহয়।
গতিকে সি কঁঠালটো মূৰত লৈ জজৰ লগত কেনেকৈ দেখা কৰিব পাৰে তাকে ভাবি
ভাবি জজ চাহাবৰ কোৱাৰ্টাৰৰ আগৰ ৰাস্তাটোৰে ইফাল-সিফাল কৰি অহা-যোৱা
কৰিবলৈ ধৰিলে।
পকা কঁঠাল। মলমলীয়া সুবাস। মলমলীয়া সুবাসে গোটেইখন ঠাই
আমোলাই তুলিলে। বাটৰুৱাবোৰেও সেই মলমলীয়া সুবাস পাই বতাহত শুঙি শুঙি
যাবলৈ ধৰিলে। এটা সময়ত সুবাস গৈ জজ চাহাবৰ নাকতো লাগিলগৈ। জজ চাহাব ভাৰতলৈ নতুনকৈ
অহা মানুহ। গতিকে তেওঁ কঁঠালৰ বিষয়ে অনভিজ্ঞ। কাৰণ জজ চাহাবজন আছিল
আমেৰিকাৰ। আমেৰিকাত বোলে কঁঠাল নাই। গতিকে জজ চাহাবে কোনোদিন কঁঠাল দেখা
নাই। ফলত কঁঠালৰ সুবাসৰ বিষয়ে জ্ঞানো নাই।
আচহুৱা মলমলীয়া সুবাস পাই বতাহত সুবাস শুঙি শুঙি জজ চাহাব
বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ ওলাই আহিয়ে তেওঁ মানুহ এজনক কিবা এটা
বস্তু মূৰত লৈ কোৱাৰ্টাৰৰ আগফালৰ ৰাস্তাত ইফাল-সিফাল কৰি থকা দেখিলে। সুবাসটো
মানুহজনে মূৰত লৈ থকা বস্তুটোৰ পৰা আহি আছে বুলি তেওঁ উপলব্ধি কৰিব পাৰিলে। ইমান
মলমলীয়া সুবাস! বস্তুটোৰ বিষয়ে জানিবলৈ তেওঁ কৌতুহলী হৈ উঠিল।
জজ চাহাবে হাত বাউলি মানুহজনক মাতিলে- হেল্ল’ তুমি কোন আছে? ইধাৰ আও।
মানুহজনে দূৰৰ গংগা ওচৰতে পাই হুৰ-মূৰকৈ গেটৰ ভিতৰলৈ সোমাই
আহিল। চাহাবে মাতা দেখি এইবাৰ চিপাহী-চন্তৰীবোৰেও কোনো ধৰণৰ হকা-বধা
নকৰিলে।
মানুহজন ওচৰলৈ অহাৰ পাছত জজ চাহাবে মূৰত লৈ থকা কঁঠালটোলৈ
আঙুলিয়াই সুধিলে- তোমাৰ মূৰত সেইটো কি চীজ্ আছে?
মানুহজনে আথে-বেথে ক’লে- কঁঠাল, হুজুৰ।
-কাঁঠাল আকৌ কি চীজ্ আছে?
-কঁঠাল গছৰ ফল।
খাবলৈ সোৱাদ।
- তুমি এইটা বেচিবে?
- নাই নাই হুজুৰ, এইটো বিক্ৰীৰ বাবে অনা নাই। আপোনাৰ বাবেহে আনিছো।
- মোৰ বাবে আনিছে? কিয় আনিছে?
কথা কোৱাৰ সুযোগ পাই মানুহজনে নিজৰ কেছৰ কথা ভাঙি-পাতি ক'লে।
মানুহজনৰ কথা শুনি জজ চাহাবে সুধিলে- তোমাৰ কেছটো মোৰ
এজলাচত আছে নেকি?
– হয় হুজুৰ, আপোনাৰ এজলাচতে আছে। মানুহজনে কঁঠালটো জজ চাহাবৰ ভৰিৰ ওচৰত
নমাই আঁঠু কাঢ়ি বহি হাতযোৰ কৰি ক'লে- দয়া কৰক হুজুৰ, মোৰ জে’ল হ’লে ল’ৰা-ছোৱালীকেইটা নিগমে মৰিব।
মানুহজনৰ কাকুতি-মিনতিত জজ চাহাবৰ হিয়া পমি গ'ল। তেওঁ ক'লে-ঠিক আছে, তুমি
কাঁঠালটো থৈ যোৱা। মই তোমাক খালাচ কৰি দিম।
জজ চাহাবক চালাম জনাই মানুহজন গুচি আহিল। মানুহজন গুচি অহাৰ
পাছত জজ চাহাবে চাপৰাচীৰ হতুৱাই কঁঠালটো কোৱাৰ্টাৰৰ ভিতৰলৈ আনি দুফালকৈ
ফালি কোঁহবোৰ মুখত ভৰাই টপা-টপ গিলিবলৈ ধৰিলে। নক'লেও হ'ব,
যে প্রথম কেইটামান কোঁহ গুটিৰে সৈতেও গিলিলে। শেষত
অৱশ্যে গুটিবোৰ পেলাই খাবলৈ ধৰিলে। খাই সোৱাদো পালে। কিন্তু লেঠা লাগিল কঁঠাল খাই
অঁতোৱাৰ পাছতহে !
জজ চাহাবৰ দাঢ়ি-গোঁফ আছিল। খোৱাত অনভিজ্ঞ কাৰণে কঁঠালৰ এঠা
তেওঁৰ দাঢ়ি-গোঁফত লাগি জঁট পকাই ধৰিলে। মিঠাতেল সানিলে যে কঁঠালৰ
এঠা আঁতৰে সেই বিষয়ে জ্ঞান নথকাৰ কাৰণে তেওঁ এঠা এৰুৱাবলৈ পাৰে মানে চাবোন
ঘঁহিবলৈ ধৰিলে। কিন্তু যিমানে চাবোন ঘঁহে, এঠাবোৰ যেন সিমানে পুলি-পোখা মেলি দাড়ি-গোঁফত জঁট পকাই
ধৰে। বহুপৰ চেষ্টা কৰিও এঠা এৰুৱাব নোৱাৰি জজ চাহাব হতাশ হৈ পৰিল।
ইফালে আদালতলৈ যোৱাৰ সময়ো পাৰ হওঁ হওঁ অৱস্থা! সিদিনা আদালতত বহুকেইটা কেছৰ
শুনানী আছিল। গতিকে আদালতলৈ নগ’লেও নহয়। ইফালে জঁট পকোৱা দাঢ়ি-গোঁফ লৈ আদালতলৈ যোৱাটোও
সম্ভৱ নহয়! গতিকে নিৰূপায় হৈ তেওঁ ব্লেড এখনেৰে দাঢ়ি-গোঁফ খুৰাই কাপোৰ-কানি
পিন্ধি আদালতলৈ বুলি ওলাই আহিল।
সিদিনাৰ পৰা জজ চাহাবে নতুনকৈ দাঢ়ি-গোঁফ কটা মানুহ দেখিলেই
মাতি মাতি ক’বলৈ
ধৰিলে- হা, হাম
বুজিয়াছে তুমি কাঁঠাল খাইয়াছে।
‘কঁঠাল খাই লাগিল লেঠা
জজ চাহাবৰ গ'ল দাঢ়ি-গোঁফ কটা।
* * *
পিয়ন আৰু ইলিচ মাছৰ আঞ্জা।
এদিন এজন বামুণে সস্তাত পাই বজাৰৰ পৰা ইলিচ মাছ এটা কিনি
আনিলে। মাছটো বামুণীৰ হাতত দি ক'লে- এয়া লোৱা, মাছটো ভালকৈ কুটি-বাচি ৰন্ধা-বঢ়া কৰা। ভাত খাই মই যজমান এজনৰ
ঘৰলৈ যাব লাগিব। মই নদীৰ পৰা গা ধুই আহি আছোঁ। এইদৰে কৈ বামুণ নদীৰ ঘাটলৈ বুলি গা
ধুবলৈ গ'ল।
মাছটো পাই বামুণী বৰ আনন্দিত হ’ল। তাই মাছটো কুটি-বাচি পাকঘৰলৈ আহি যত্ন সহকাৰে ৰান্ধি
আঞ্জা নমাই থৈ বেলেগ কামলৈ বুলি ওলাই গ'ল।
কাম-বন অঁতাই পাক ঘৰলৈ আহি বামুণীয়ে দেখে যে কুকুৰ এটাই
ইলিচ মাছৰ আঞ্জা খাই আছে। কাণ্ড দেখি বামুণীৰ চকু কপালত উঠিল। তাই টোকোন
এডালেৰে কেই পিটনমান মাৰি কুকুৰটো খেদি পঠিয়ালে। কুকুৰে খোৱা আঞ্জা বামুণক খাবলৈ
দিয়াটো উচিত নহ'ব বুলি ভাবি তাই
আঞ্জা চাঙত তুলি থৈ আলু দুটামান পুৰি নিমখ-তেল সানি পিটিকা কৰি বামুণ অহালৈ বাট
চাবলৈ ধৰিলে।
গা-পা ধুই আহি বামুণে বামুণীয়ে দিয়া আলু পিটিকাৰে ভাত
খাবলৈ বহিল। ইলিচ মাছৰ আঞ্জাৰ আশাত বামুণে দুই গৰাহতে আলু পিটিকাখিনি শেষ কৰি
আঞ্জা খুজিলে। বামুণীয়ে পুনৰ আলু পিটিকা আনি দিলে। আলু পিটিকা দেখি বামুণে বিৰক্ত
হৈ ক'লে- ইলিচ মাছৰ আঞ্জা ক’ত?
তুমি দেখোন বাৰে বাৰে আলু পিটিকাকে দি আছা?। ইলিচ মাছৰ আঞ্জাৰ কথা পাহৰিলা নেকি?
বামুণীয়ে ইলিচ মাছৰ আঞ্জা কুকুৰে খোৱাৰ কথা বিৱৰি ক'লে। আঞ্জা কুকুৰে খোৱাৰ কথা শুনি বামুণে ভাগ্যক ধিয়াই
বেজাৰ মনেৰে আলু পিটিকাৰেই ভাত খাই অঁতালে।
এনেতে স্থানীয় ডাকঘৰৰ পিয়ন চিঠি বিলাবলৈ আহিল। পিয়নক
দেখি বামুণে বামুণীক মাতি ক’লে- হে’ৰা, কথা এটা হ’ল নহয়! আমিতো সদায় লোকৰ বস্তুকেই খাই আছো। আমি কোনোদিন লোকক খুৱাব
নোৱাৰোঁ। আজি কাম এটা কৰা, পিয়নজনক কুকুৰে খোৱা আঞ্জাৰে ভাত এমুঠি খুৱাই দিয়া। কুকুৰে খোৱা আঞ্জাৰো সদ্গতি
হওঁক আৰু অতিথি নাৰায়ণ সেৱাৰ পূণ্যকণো সঞ্চয় হওঁক।
বামুণৰ কথামতেই বামুণীয়ে পিয়নজনক আদৰ-সাদৰকৈ মাতি আনি
কুকুৰে খোৱা আঞ্জাৰে ভাত খাবলৈ দিলে। বামুণৰ সৰুটো জীয়েকে পিয়নৰ খোৱা-বোৱাৰ
আলপৈচান ধৰিবলৈ ধৰিলে। কুকুৰে অলপ আঞ্জাহে খাইছিল, সৰহভাগ আঞ্জাই ৰৈ আছিল। গতিকে সেই আঞ্জা কোনেও নাখায় বুলি
পিয়নজনক বেছি-বেছিকৈ পৰিৱেশন কৰি আছিল। পিয়নজনে গৰাঁহে গৰাঁহে আঞ্জা খায়ো শেষ
কৰিব নোৱাৰি ছোৱালীজনীক ক'লে- মোক ইমানকৈ যে আঞ্জা দি আছা, তোমালোকে কি খাবা?
অবুজ ছোৱালী ! ছল-চাতুৰি বুজি নাপায়। সেয়ে তাই কোনো ধৰণৰ
লুকঢাক নকৰাকৈ আচল কথাটোকে কৈ দিলে- কুকুৰে খোৱা আঞ্জা আমাৰ ঘৰৰ
কোনেও নাখায়।
কুকুৰে খোৱা আঞ্জাৰ কথা শুনি পিয়নজন উচাপ খাই উঠিল। সি
খাবলৈ এৰি ক'লে- কি
ক’লা? কুকুৰে খোৱা আঞ্জা ? এইবোৰ কুকুৰে খোৱা আঞ্জা নেকি?
হয়। ছোৱালীজনীয়ে ক'লে- সেই কাৰণেহে দেউতাই পূণ্য সঞ্চয়ৰ কাৰণে আপোনাক খাবলৈ
দিবলৈ কৈছে!
কুকুৰে খোৱা আঞ্জাৰ কথা শুনি খঙে পিয়নৰ চুলিৰ আগ পালেহি।
সি ভাত খাবলৈ দিয়া মাটিৰ পাত্ৰটো দলিয়াই দিলে। পাত্ৰটো কাঠৰ খুঁটা এটাত লাগি
ভাঙি টুকুৰা-টুকুৰ হ’ল।
পাত্ৰটো ভঙা দেখি ছোৱালীজনীয়ে আবুৱেকক মাতি ক’লে- আবু, আবু, চোৱাহি, পিয়নে
তোমাৰ মৃতৰ পাত্ৰটো ভাঙি পেলালে।
পিয়নে বিস্ময় প্রকাশ কৰি ক'লে- কি ক’লা?
মোক খাবলৈ দিয়া পাত্ৰটো মূত্ৰ পাত্ৰ আছিল নেকি?
ছোৱালীজনীয়ে টপ্ৰাই ক'লে- হয়, আবুই চকুৰে নেদেখে কাৰণে ৰাতি বাহিৰলৈ ওলাব নোৱাৰে। সেয়ে
ৰাতি এই মাটিৰ পাত্ৰটোতে প্ৰস্ৰাৱ কৰে।
পিয়নে খঙত জ্বলি-পকি মুখত যি আহে তাকে কৈ গালি-শপনি পাৰি
গুচি গ'ল।
‘বামুণে সঞ্চয় কৰিলে পূণ্য
পিয়নৰ গ'ল জাত-ধর্ম।।'
* * *
ষোল্ল কলা।
বহুদিন আগতে এহাল কৃষক দম্পত্তি আছিল। সিহঁতৰ মাজত সদায়
ইটো-সিটো কথালৈ খকা-খুন্দা লাগিয়ে আছিল। সাধাৰণ কথা এটালৈয়ে কেতিয়াবা
ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হৈ লংকা-কাণ্ড আৰম্ভ হৈ গৈছিল। কেতিয়াবা সাধাৰণ কথা এটা
লৈ দম্পত্তিহালৰ মাজত তিনি-চাৰিদিনলৈ মাত-বোল বন্ধ হৈ থকাটো আছিল সাধাৰণ কথা।
এদিন খেতিয়কজনে খেতিৰ পৰা ভাগৰি-জুগৰি আহি ঘৈণীয়েকৰ ওচৰত
পানী খুজিলে। ঘৈণীয়েকে কিবা কাম লৈ ব্যস্ত হৈ থকাৰ কাৰণে পানী দিয়াত
কিছু পলম হোৱাত খেতিয়কজনে ঘৈণীয়েকক উত্তম-মাধ্যম কিল-ভুকু শোধাবলৈ ধৰিলে।
মাৰৰ কোবত অতিষ্ঠ হৈ ঘৈণীয়েকে ক’লে- কামত ব্যস্ত হৈ থকাৰ কাৰণে পানী দিয়াত অকনমান পলম
হোৱাত ইমান বেয়াকৈ মাৰিব লাগেনে?
ঘৈণীয়েকৰ কথা শুনি খেতিয়কজনে ক’লে- আজিৰ খঙত মাৰিছো বুলি ভাবিছা নেকি? মাৰিছো পুৰণি খঙতহে!
হয় নেকি? ঘৈণীয়েকে ফেপেৰি পাতি ক’লে-আপুনি নাজানে নেকি তিৰোতাবোৰে যোল্ল কলা জানে বুলি !
আপুনি পুৰণি খং দেখুৱাইছে আৰু মই যদি আপোনাক ষোল্ল কলাৰ এটি কলা দেখুৱাও আপোনাৰ ফালে
দেখোন আধ্যা পৰিব!
হয় নেকি? খেতিয়কজনে কৌতুক অনুভৱ কৰি এটা ভুকু মাৰি ক'লে- বাৰু, দেখুৱাবিচোন তোৰ ষোল্ল কলা। ষোল্ল কলা দেখুৱাব পাৰিলেহে তোক লখিমী
তিৰোতা বুলি ভাবিম।
সিদিনাখন কাজিয়া সিমানতে অন্ত পৰিল। ঘৈণীয়েকে সিদিনাৰ পৰা
ষোল্ল কলা দেখুৱাবলৈ চেলু বিচাৰিবলৈ ধৰিলে। এদিন সুযোগ মিলিল। সিদিনা
ফেৰিৱালা এজনে ইলিচ মাছ বেচিবলৈ আহিছিল। ঘৈণীয়েকে ইলিচ মাছেৰে ষোল্ল কলা দেখুৱাৰ
কথা ভাবিলে।
ভবামতেই কাম। তাই ফেৰিৱালাৰ পৰা ইলিচ মাছ এটা কিনি ওচৰতে
হাল-কোৰ মাৰি থকা মাটিডৰাত মাছটো মনে মনে পুতি থ’লে। পাছদিনা খেতিয়কে ইলিচ মাছ পুতি থোৱা মাটিডৰাত হাল মাৰিবলৈ
গৈ নাঙলৰ সিৰলুত মাছটো পাই ৰং মনেৰে ঘৰলৈ লৈ আহিল। ঘৈণীয়েকৰ হাতত
মাছটো দি ক'লে- বৰ
আচৰিত কথা! হাল বাই থাকোঁতে নাঙলৰ সিৰলুত মাছটো পালো। ভালকৈ কুচি-বাচি মাছটো ৰন্ধাগৈ। মই হাল
বাই আহি ইলিচ মাছৰ আঞ্জাৰে ভাত খামহি।
ঘৈণীয়েকে মাছটো কুটি-বাচি ৰান্ধি আগতে ভাবি থোৱামতে আঞ্জা
ঘৰতে এঠাইত লুকাই থ’লে।
খেতিয়কে হালৰ পৰা আহি গা-পা ধুই ভাত খাবলৈ বহিল। ঘৈণীয়েকে
আলু পিটিকাৰে ভাত খাবলৈ দিলে। খেতিয়কে ইলিচ মাছৰ লোভত দুই গৰাহতে
আলু পিটিকাখিনি শেষ কৰি ঘৈণীয়েকক মাতিলে- হেৰা, ইলিচ মাছৰ আঞ্জা আনা।
ঘৈণীয়েকে পুনৰ আলু পিটিকা আনি দিলে। আলু-পিটিকা দেখি
খেতিয়কে অধৈর্য হৈ ক'লে-
আকৌ দেখোন আলু-পিটিকাকে আনিলা? মাছ ক’ত? মাছৰ আঞ্জা আনা।
ঘৈণীয়েকে আকাশৰ পৰা পৰাদি ক'লে- মাছ? মাছ ক’ত পাম? এমাহে
দেখোন মাছৰ মুখকে দেখা নাই!
খেতিয়কজনে অবাক হৈ ঘৈণীয়েকৰ ফালে চাই ক'লে- এমাহে মাছৰ মুখকে দেখা নাই! কি গছত গৰু উঠা কথা কৈছা ? আজি ৰাতিপুৱা যে খেতিৰ পৰা মাছ পাই আনিলোঁ। সেই মাছ কি কৰিলা ?
ঘৈণীয়েকে একো নুবুজাৰ ভাও জুৰি ক'লে- খেতিৰ পৰা মাছ পাই আনিলে? কেতিয়া? ঠাট্টা কৰিবলৈ আৰু ঠাই নাপালে !
ঠাট্টা! খেতিয়কজনে খঙেৰে সৈতে ক’লে-ঠাট্টা মই কৰিছোঁ, নে তুমি কৰিছা? চুপতি এৰি মাছৰ আঞ্জা আনা।
মাছৰ আঞ্জা থাকিলেহে আনিম? ঘৈণীয়েকে নির্বিকাৰভাবে ক’লে।
ঘৈণীয়েকৰ কথা শুনি খেতিয়কৰ খং দুগুণে চৰিল। খঙৰ ভমকত সি
ইতিকিঙৰ সুৰত ক’লে-
মাছ থাকিলেহে দিম! কথা ক’বলৈ
আহিছ?
মাছ কি কৰিলি? যা, মাছৰ আঞ্জা আন।
দম্পত্তিহালৰ মাজত লাহে লাহে তর্কযুদ্ধ আৰম্ভ হৈ গ'ল আৰু তৰ্কৰ পৰিণতি হিচাপে খেতিয়কজনে ঘৈণীয়েকৰ পিঠিত ঔ
কিল শোধাবলৈ ধৰিলে। আগতে ভাবি থোৱামতেই ঘৈণীয়েকে ৰাউচি জুৰি
কান্দিবলৈ ধৰিলে। কন্দা-কটাৰ শব্দ শুনি ওচৰ-চুবুৰীয়া দুই এজনকৈ আহি চোতাল ভৰি পৰিল
।
সমবেত মানুহবিলাকে কন্দাৰ কাৰণ সুধিলত ঘৈণীয়েকে ইনাই-বিনাই
কান্দি কান্দি মাৰ-পিটৰ কাৰণ বৰ্ণনা কৰিবলৈ ধৰিলে। কথা শুনি মানুহবিলাক অবাক !
আও,
ইনো কি গছত গৰু উঠা কথা! নাঙলৰ সিৰলুত মাছ? এইজন জনক ৰজা আকৌ ক’ৰ পৰা ওলাল ! জনক ৰজাই হেনো হাল বাওঁতে
সীতাক পাইছিল! সেয়া আছিল সত্য যুগৰ কথা। এতিয়া কলিৰ জনকে পালে মাছ! ই বেটা
বলিয়া হোৱা নাইতো? এইদৰে নানান জনে নানা মন্তব্য কৰি তামচা-স্ফূৰ্তি কৰিবলৈ
ধৰিলে।
মানুহবিলাকৰ মন্তব্য শুনি খেতিয়কজন কিছু নিৰুৎসাহিত হ’ল। সি কথাটো পতিয়ন নিয়াবলৈ অপেক্ষাকৃত কোমল সুৰত ক'লে- মাছ পোৱা কথাটো নিৰ্ঘাত সত্য। হাল বাই থাকোঁতে এটা ইলিচ মাছ
নাঙলৰ ফালত লাগি মাটিৰ তলৰ পৰা উঠি আহিছিল। প্রায় এক কিলোমানেই হ’ব। মই মাছটো পাই এওঁক ৰন্ধা-বঢ়া কৰিবলৈ দি পুনৰ হাল
মাৰিবলৈ গৈছিলোঁ। এতিয়া ভাত খাবলৈ আহি মাছ খোজাত এমাহে মাছৰ মুখ দেখা নাই বুলি কৈ
মোক আঁভুৱা-ভাৰি আছে। এনেকুৱা মিছা কথা শুনি কাৰনো খং নুঠিব, কওঁকচোন? আপোনালোকে ইয়াৰ বিচাৰ কৰক।
খেতিয়কজনৰ কথা শেষ হ’লত ঘৈণীয়েকে খেতিয়কজনৰ সুৰতে সুৰ মিলাই দুগুণ উৎসাহেৰে ক'লে- হয়, বিচাৰ কৰক। খেতিত হাল বাওঁতে মাছ ওলোৱা
কথাটো কিমানদূৰ সত্য, আপোনাসৱেই তাৰ বিচাৰ কৰক। এনেকৈ হকে-বিহকে দোষ খুচৰি সদায় মোক মাৰ-পিট কৰি থাকে!
ঘৈণীয়েকৰ কথা শুনি খেতিয়কজন পুনৰ উত্তেজিত হৈ উঠিল। সি
কলে- এনেকুৱা মিছলীয়া তিৰোতাক লৈ ঘৰ-সংসাৰ কৰিব পৰা যায় নেকি, ৰাইজ? এইদৰে ৰাইজক সম্বোধন কৰি ঘৈণীয়েকৰ ফালে অগ্নি দৃষ্টি
নিক্ষেপ কৰি ক'লে-
মিছলীয়া ক'ৰবাৰ? মিছা কথা কোৱা জিভাখন আজি টানি বাহিৰ কৰিম। এইদৰে কৈয়ে সি ঘৈণীয়েকৰ ফালে
চোঁচা ল'লে।
ঘৈণীয়েকে ভয়ত উপস্থিত ৰাইজৰ মাজত গৈ থিয় হ'ল। উপস্থিত মানুহবিলাকে খেতিয়কজন বলিয়া হোৱা বুলি ভাবি
ৰচি এডালেৰে পিঠমূৰীয়াকৈ বান্ধি উত্তম-মাধ্যম চৰ-চাপৰ শোধাই গছ এজাপাৰ
লগত বান্ধি থৈ ঘৰা-ঘৰি গুচি গ'ল।
মানুহবিলাক ঘৰা-ঘৰি যোৱাৰ আধা ঘণ্টামান পাছত ঘৈণীয়েকে
খেতিয়কজনৰ ওচৰলৈ আহি হাতৰ বান্ধোন খুলি দি ক'লে- ব’লক, ঘৰৰ ভিতৰলৈ ব’লক।
খেতিয়কজন লাজ-ক্ষোভ-অপমান-গ্লানিত একেবাৰে ত্ৰিয়মান হৈ
পৰিছিল। ঘৈণীয়েকৰ ওপৰত টিঙিচকৈ খঙো উঠিছিল, কিন্তু খং কৰিলে বা আকৌ কি ঘটনা ঘটে? মানুহবিলাকে তেতিয়া মাথোন চৰ-ভুকু দুটামান মাৰিয়ে বান্ধি
থৈ গৈছে! এইবাৰ আহিলে গৰু পিটনো দিব পাৰে! এইদৰে মনতে ভাবি সি বাধ্য ছাত্ৰৰ দৰে ঘৈণীয়েকৰ পিছে
পিছে ঘৰৰ ভিতৰলৈ সোমাই গ'ল।
এইবাৰ ঘৈণীয়েকে ইলিচ মাছৰ আঞ্জা উলিয়াই আনি আদৰ-সাদৰকৈ
ভাত খাবলৈ দিলে। ইলিচ মাছৰ আঞ্জা দেখি খেতিয়কজনে হুমুনিয়াহ কাঢ়ি ক’লে- এতিয়া ইলিচ মাছৰ আঞ্জা ওলাল ক'ৰপৰা? মিছা-মিছি মোক কিয় মানুহৰ আগত অপমান কৰিলা?
ঘৈণীয়েকে হাঁহি মাৰি ক'লে- অপমান নহয়- আপোনাক যোন্ন কলাৰ এটা কলাহে দেখুৱালোঁ। এই
কথা লৈ পুনৰ হুলস্থূল কৰিলে মানুহবিলাকে আপোনাক পগলা ফাটেকলৈ পঠাব। গতিকে শান্তভাবে
শান্তিৰে ভাতকেইটা খাওঁক। আপোনাক অপমান কৰি মোৰো ভাল লগা নাই। আজিৰ পৰা
ভাল হ’বলৈ চেষ্টা কৰক।
খেতিয়কজনে কোনো উত্তৰ বিচাৰি নাপাই মনে মনে ভাতৰ পাতত হাত
দিলেহি।
‘তিৰোতা মানুহে জানে যোল কলা
পুৰুষে নাপায় তাৰ তলা-নলা।।
* * *
দুই বন্ধুৰ কইনা দর্শন।
এদিন এজন ডেকাই বন্ধু এজনক লগত লৈ কইনা চাবলৈ ওলাল। কইনা ঘৰলৈ যোৱাৰ
আগমুহূৰ্তত ডেকাজনে বন্ধুক ক'লে- কইনা ঘৰৰ মানুহে কিবা সুধিলে, মই যি উত্তৰ দিম তই তাতকৈ এখোপ চৰাকৈ ক’বি। ধৰ, মই এক বুলি ক’লে তই দুই ক’বি। মই দুই ক’লে তই চাৰি ক’বি।
বন্ধুজনে ডেকাজনৰ কথাত সন্মতি জনাই ক'লে-ইনো আকৌ কি ডাঙৰ কথাটো হ’ল, নিশ্চয় ক’ম। তই
এই বিষয়ে নিশ্চিন্ত হ’ব পাৰ।
দুয়ো গৈ কইনা ঘৰ পালেহি। কইনা ঘৰে উভয়ক আদৰ-সাদৰকৈ
খোৱাই-বোৱাই কইনা দেখুৱালে। কইনা চাই পছন্দ হ’ল। কইনাৰ আতাকে ভাবী নাতি-জোঁৱাইৰ লগত সুখ-দুখৰ দুটামান কথা পাতিবলৈ
বুলি ওচৰত আহি বহিল। ইবিধ-সিবিধ দুই-চাৰিটা কথা-বতৰা হোৱাৰ পাছত আতাকে
সুধিলে- নাতিনী বিয়া দিবলৈ ওলাইছো যেতিয়া নাতি-জোঁৱাইৰ আয়-ব্যয়ৰ বিষয়ে
দুই-চাৰিটা কথা সোধা-মেলা কৰাটো নিশ্চয় অপ্ৰাসংগিক নহ’ব? শুনিলোঁ, নাতি-জোঁৱাইয়ে
বোলে চাৰি-পাঁচ বছৰ ধৰি গুৱাহাটীত আছে! পিছে, বেংক বেলেঞ্চনো কেনেকুৱা?
ডেকাজনে সেমেনা-সেমেনি কৰি ক'লে- নাই নাই, বেংক বেলেঞ্চনো আৰু কিমান থাকিব! পাঁচ-ছটামান বেংকত পাছবুক
খুলিছোঁহে মাথোন।
বন্ধুজনক এখোপ চৰাকৈ ক’বলৈ কৈছিল যদিও সি কে’বা খোপ চৰাকৈ ক'লে- নাই নাই, ই অলপ লাজকুৰীয়াতো গতিকে কমকৈ কৈছে। আচলতে অসমৰ
প্ৰায় প্ৰতিটো বেংকত কমেও দুই তিনিটাকৈ পাছবুক আছে।
আতাকে উত্তৰ শুনি সন্তুষ্ট হৈ ক’লে-বাৰু, শুনি বৰ সুখী হ’লোঁ। এতিয়া সঞ্চয়ৰে সময়। সময়ত সঞ্চয় নকৰিলে ভাটি বয়সত
কেনেকৈ চলিব! যৌৱনৰ সঞ্চয় বৃদ্ধ বয়সৰ লাখুঁটি। আতাকে এইদৰে কৈ
প্ৰসংগ সলনি কৰি সুধিলে- প্ৰতিজন মানুহৰে কোনো বিশেষ, বস্তুৰ প্ৰতি আকর্ষণ অর্থাৎ হ’বি থাকে। পিছে, নাতি-জোঁৱাইৰনো হ’বি কি?
ডেকাজনে ক’লে- হ’বি
অৱশ্যে তেনেকৈ নাই। অৱশ্যে মঙহ খোৱাৰ লোভটো অলপ বেছি।
আতাকে উপদেশৰ সুৰত ক'লে- বেছি মঙহ খোৱা ভাল নহয়। বেছিকৈ মঙহ খালে ৰোগ-ব্যধি
বেছি হয়। তদুপৰি মঙহ বেছিকৈ খালে টকা সাঁচিবা কেনেকৈ?
বন্ধুই ক'লে- নাই নাই, মঙহ খোৱাৰ লোভ থাকিলেও তেনেকৈ অৱশ্যে নাখায় দিয়কচোন। যিদিনা মদ খায়
সিদিনাহে অলপ বেছিকৈ খায়।
বন্ধুজনৰ কথা শুনি আতাকে জঁপিয়াই উঠি ক'লে- কি ক'লা,
এতিয়াই মদ খাবলৈ আৰম্ভ কৰিছে নেকি?
বন্ধুজনে টপ্ৰাই ক'লে- মদ
সদায় নাখায় নহয়! যিদিনা পকেট মাৰি পইচা সৰহকৈ পায় সিদিনাহে অলপ বেছিকৈ খায় !
আতাকে দুৱাৰ মুখৰ ফালে আঙুলিয়াই ক’লে- এতিয়াই সৌখন দুৱাৰেৰে ওলাই যোৱা ! তোমাৰ নিচিনা ডেকাৰ
লগত নাতিনী বিয়া দিয়াতকৈ ঘৰত আইবুঢ়ী কৰি ৰখাটোৱে বেছি মংগলজনক হ’ব!
আতাকে দেখুৱাই দিয়া দুৱাৰেৰে দুয়ো বন্ধু চুচুক-চামাককৈ
ওলাই আহিল।
‘ মিছা কথাৰ ঠেং চুটি
ধৰা পৰিলে হয় লটি-ঘটি৷৷’
* * *
বাঘ-পোৱালি।
এদিনাখন এটা বাঘ-পোৱালি কেনেবাকৈ এটা ভেড়াৰ পালৰ লগত মিহলি
গ’ল। ভেড়া-ৰখীয়াই ভেড়াবোৰ চাবলৈ আহি দেখে যে বাঘ-পোৱালি এটাই
ভেড়া পোৱালিবোৰৰ লগত উমলি আছে। পোৱালিটো আছিল একেবাৰে সৰু। দেখিবলৈ লোদোৰ-পোদোৰ
মৰম লগা। গতিকে ভেড়া-ৰখীয়াই মৰমতে বাঘ-পোৱালিটো ভেড়াৰ পালৰ
লগত ঘৰলৈ লৈ আহিল।
সিদিনাৰ পৰা বাঘ-পোৱালিটো ভেড়াৰ পালৰ লগত থাকিবলৈ ল'লে। এজনী ভেড়াই বাঘ-পোৱালিটোক পিয়াহও খাবলৈ দিলে।
এইদৰে বাঘ-পোৱালিটো ভেড়াৰ পালৰ লগত মিলি গৈ মহা আনন্দেৰে
কালাতিপাত কৰিবলৈ ধৰিলে।
ইফালে পোৱালি হেৰুৱাই বাঘিনী বলিয়াৰ দৰে হ’ল। গাখীৰৰ ভৰত তাইৰ ওহাৰ ফাটো ফাটো অৱস্থা হ'ল। তাই হেৰোৱা পোৱালিটো বলিয়াৰ দৰে বিচাৰি
ফুৰিবলৈ ধৰিলে। এনেকৈ বিচাৰি ফুৰোঁতে এদিন তাই ভেড়াৰ পালৰ লগত নিজৰ পোৱালিটো
ওমলি-জামলি থকা দেখা পালে। বলিয়াৰ দৰে তাই জাঁপ মাৰি-মাৰি পোৱালিটোৰ ফালে
দৌৰি আহিল । তাইক দেখি ভেড়াবোৰ ফৰিং ছিটিকাদি দৌৰি পলাবলৈ ধৰিলে। ভেড়াবোৰৰ
দেখাত দেখি বাঘ-পোৱালিটোও সিহঁতৰ পিছে পিছে দৌৰি পলাবলৈ ধৰিলে। কিন্তু বাঘিনীটোৱে
অলপ দুৰ গৈয়ে পোৱালিটোক ধৰি পেলালে। বাঘ দেখি পোৱালিটো ভয়ত ঠক্ঠক্কৈ কঁপিবলৈ
ধৰিলে। তেতিয়া বাঘিনীটোৱে পোৱলিটোৰ গা-মূৰ চেলেকি মৰম
কৰি ক'লে- সোণটো, মোক দেখি তই ইমানকৈ কঁপিছ কিয়?
বাঘ-পোৱালিটোৱে কঁপি কঁপি ক’লে- মোৰ লগৰ ভেড়াবোৰ তোমাক দেখি তেনেকৈ দৌৰি পলাল কিয়? তুমি নিশ্চয় আমাৰ ভেড়াবোৰৰ শত্ৰু!
বাঘিনীয়ে হাঁহি মাৰি ক'লে- অ’ এই কথা! হওঁতে মই অৱশ্যে ভেড়াবোৰৰ শত্ৰু হওঁ, কিন্তু তইতো আৰু ভেড়া-পোৱলি নহয়? তই মোৰ পোৱালি, বাঘৰ পোৱালি। গতিকে তইনো মোক দেখি ভয় কৰিছ কিয়? তোক হেৰুৱাই মই একেবাৰে বলিয়া হৈ গৈছিলোঁ। তোক ওভতাই পাই মই
জীউটোকে ওভতাই পোৱা যেন পাইছোঁ। বল, এতিয়া আমি হাবিলৈ যাওঁগৈ।
বাঘ-পোৱালিটোৱে আপত্তি জনাই ক’লে- নাই নাই, মই তোমাৰ লগত নাযাওঁ। মই তোমাৰ পোৱালি নহওঁ, মই ভেড়া-পোৱালিহে। হাবিলৈ লৈ গৈ তুমি মোক মাৰি পেলাবা।
–নহয় সোণটো, তই বাঘ-পোৱালি। তই ভেড়া-পোৱালি নহৱ। তোক মই মাৰিম কিয়?
-নহয়, মই ভেড়া-পোৱালিহে, বাঘ-পোৱালি নহওঁ।
- বুৰ্বক ক’ৰবাৰ ! তই বাঘ-পোৱালি ।
- নহয়, মই ভেড়া-পোৱালি ।
এইদৰে বাঘিনীয়ে কয়, তই বাঘ-পোৱালি আৰু বাঘ-পোৱালিটোৱে কয় নহয়, মই ভেড়া-পোৱালি। বাঘিনীয়ে কোনোমতে পোৱালিটোক বাঘ-পোৱালি বুলি
পতিয়ন নিয়াবলৈ সক্ষম নহ'ল।
অৱশেষত নিৰূপায় হৈ তাই পোৱালিটোক লৈ ফট্ফটীয়া পানী থকা জান এটাৰ পাৰলৈ আহিল।
জানটোৰ পাৰলৈ আহি বাঘিনীয়ে পানীৰ ওপৰত নিজৰ ছাঁটো পেলাই
পোৱালিটোক উদ্দেশ্য কৰি সুধিলে- এতিয়া চা’চোন পানীত কোন সেয়া?
পোৱালিটোৱে ভালদৰে নিৰীক্ষণ কৰি ক'লে- সেয়া তুমিয়েচোন!
বাঘিনীয়ে ক'লে- আৰু কোন আছে মোৰ ওচৰত?
-তোমাৰ পোৱালি।
- মোৰ পোৱালি মানে? ইয়াততো তোৰ আৰু মোৰ বাহিৰে বেলেগ কোনো নাই। গতিকে সেয়া
তোৰ ছাঁ নহয় জানো?
পোৱলিটোৱে সন্মতিসূচক মূৰ দুপিয়াই ক’লে- হয়, সেয়া মোৰে ছাঁ।
—এতিয়া চা’চোন,
তই আৰু মই দেখিবলৈ একেই নহয় নে বাৰু?
পোৱালিটোৱে বাঘিনীৰ ফালে পিছুপৰ ৰ’ লাগি চাই ক’লৈ- হয়, মই দেখিবলৈ সাইলাখ তোমাৰ দৰেই।
বিজয় গর্বত বাঘিনীয়ে ক'লে- তই আৰু মই দেখিবলৈ সাইলাখ একে। মই যদি বাঘ হওঁ, তই ভেড়া-পোৱালি হ’বি কেনেকৈ? তই বাঘ আৰু তই মোৰে পোৱালি।
বাঘ-পোৱালিটোৱে সেমেনা-সেমেনি কৰি ক'লে- তাৰ মানে মই ভেড়া-পোৱালি নহওঁ- বাঘ-পোৱালিহে?
–এৰা, তই বাঘ আৰু মোৰে পোৱালি। তোক হেৰুৱাই মোৰ যি অৱস্থা হৈছিল, এতিয়া আৰু সেই কথা তোক বৰ্ণাই ক’ব নোৱাৰিম।
ব’ল, এতিয়া আমি হাবিলৈ যাওঁগৈ৷ মানুহৰ বসতি অঞ্চল আমাৰ নহয়, আমাৰ আচল ঘৰ হাবিতহে।
বাঘ-পোৱালিটোৱে নিজৰ স্বৰূপ বুজিব পাৰি মহা-স্ফূৰ্তিত
বাঘিনীজনীৰ পিছে পিছে গৈ হাবিৰ ভিতৰত সোমাল।
‘পৰিস্থিতিৰ পাকত পৰি বাঘো ভেড়া হয়
ঘঁহি-মাজি থাকিলে শিলো ক্ষয় হয়।।'
ৰজাৰ গুৰু-ভক্তি।
বহুদিন আগৰ কথা। ৰতন পুৰ ৰাজ্যত এজন বৰ ন্যায়-পৰায়ণ ৰজা
আছিল। ধনী-দুখীয়া নির্বিশেষে তেওঁৰ পৰা সদায় ন্যায়-বিচাৰ পাইছিল। কিন্তু
তেওঁৰ এটা ডাঙৰ দোষ আছিল। তেওঁ ধৰ্মৰ প্ৰতি উদাসীন আছিল। কৰ্মৰ প্ৰতিহে তেওঁৰ গভীৰ
আস্থা আছিল। তেওঁ ভাবিছিল, কর্মই ধর্ম। সৎ কৰ্ম কৰিলে বেলেগ ধৰ্ম আচৰণৰ কোনো প্রয়োজন
নহয় বুলি ভাবিছিল তেওঁ। ধৰ্মৰ ৰীতি-নীতি, আচাৰ-আচৰণ এইবোৰ মানুহৰ সৃষ্টি। আধ্যাত্মিক জগতত এইবোৰৰ মূল্য থাকিলেও
বাস্তৱত ইয়াৰ কোনো মূল্য নাই। তেওঁৰ এই দোষৰ বাবে প্ৰজাসকলে তেওঁৰ সমালোচনাও
কৰিছিল। তথাপি তেওঁ নিজৰ মতত অচল-অটল হৈ আছিল।
কিন্তু এদিন ৰাতি এটা সমাজিক দেখি ৰজাৰ মনত আবেগৰ স্পৰ্শ
লাগিল। সমাজিকত যেন তেওঁক কোনোবাই মাতি কৈছে- হেৰ’ মূৰ্খ! কিমান দিন আৰু মায়া টোপনিত শুই থাকিবি? সততা, সৎ কৰ্মৰ লগতে সৎ ধৰ্ম আচৰণৰো প্ৰয়োজন আছে। শুকান ফুলৰ দৰে
তোৰ যৌৱন- শ্ৰী ম্লান হৈ পৰিল, তথাপি তোৰ চকু মুকলি নহ’ল! ধৰ্মাচৰণ কৰ, সিপাৰলৈ যোৱাৰ সম্বল আহৰণ কৰ। নহ'লে মৃত্যুৰ পাছত ৰৌ ৰৌ নৰকত পুৰি মৰিবি।
তেতিয়া মনস্তাপত দগ্ধ হোৱাৰ বাহিৰে বেলেগ উপায় নাথাকিব। সময় থাকোঁতে ধৰ্মৰ
প্ৰতি মনযোগ দে।
সমাজিক দেখি এক অনিশ্চিত ভৱিষ্যতৰ চিন্তাত ৰজাৰ অন্তৰাত্মা
আৰ্তনাদ কৰি উঠিল। টোপনিৰ পৰা খকা-মকাকৈ সাৰ পাইয়ে তেওঁ ৰাণীৰ গাত ধৰি
জোকাৰি মাতিলে- হে’ৰা, উঠাচোন- উঠা। মই এটা বৰ বেয়া সমাজিক দেখিলোঁহে!
গাত ধৰি জোকাৰি মাতাৰ কাৰণে ৰাণীয়ে খকা-মকাকৈ সাৰ পাই উঠি
দেখিলে,
ৰজা বিছনাত বহি আছে। তেওঁৰ চকু-মুখত বিস্মিত আতংকিত দৃষ্টি। এক
দুৰন্ত ভয়ত যেন ৰজাৰ হৃদয় আচ্ছন্ন। ৰজাৰ অৱস্থা দেখি ৰাণী বিচলিত হৈ উঠিল। তাই
আথে-বেথে সুধিলে- কি হ’ল? এই দুপৰ নিশা এইদৰে বিছনাত বহি আছে কিয়? গা বেয়া কৰিছে নেকি?
ৰজাই উদাস অথচ প্রশান্ত হাঁহি মাৰি ক'লে-নাই নাই, গা বেয়া কৰা নাই। এটা সমাজিক দেখিহে উত্তেজিত হৈ উঠিছিলোঁ।
সমাজিকটো দেখি মই বৰ বিব্ৰত অনুভৱ কৰিছোঁ।
ৰজাৰ কথা শুনি ৰাণীয়ে কৌতুহলী হৈ সুধিলে- সমাজিক! কি
সমাজিক দেখিলে?
ৰজাই ৰাণীৰ আগত সমাজিকৰ কথা বিৱৰি ক'লে। ৰাণীয়ে সপোনৰ বৰ্ণনা শুনি মন্তব্য আগবঢ়ালে- সমাজিকত
আপুনি সঁচা কথাকে শুনিছে। খৰালিৰ পানীৰ দৰেই কেতিয়াবাৰ পৰা আমাৰ যৌৱন-শ্ৰী
শুকাই যাবলৈ আৰম্ভ কৰিছে। এতিয়া সিপাৰলৈ যোৱাৰ সময় আহি পৰিছে। এতিয়া
মাথোন কর্মকলৈ ব্যস্ত থাকিলেই নহ’ব-- ধৰ্ম আচৰণো কৰিব লাগিব। কাৰণ ধৰ্মই সকলোৰে মূল ! ধৰ্মৰ প্ৰভাৱতহে জগতত সভ্যতা আহিছে।
ধৰ্মৰ প্ৰভাৱ নোহোৱা হ'লে
সভ্যতাৰ প্ৰভাৱো নোহোৱা হ’ব।
মানুহবিলাক পুনৰ আদিম বন্য প্রবৃত্তিৰ দাস হৈ পৰিব। মইতো বহুদিন আগৰ
পৰাই কথাটো কৈ আছো-- আপুনিহে মন-কাণ দিয়া নাই!
ৰাণীৰ কথাবোৰত তিৰস্কাৰৰ সুৰ থাকিলেও কথাবোৰ শুনি ৰজা
প্রসন্ন হ’ল। ক’লে- ঠিক আছে, তোমাৰ কথাকেই মানিলোঁ৷ ‘ৰেচ’ৰ ঘোঁৰাৰ দৰে কৰ্মৰ
পিছে পিছে দৌৰি সমগ্ৰ জীৱন কৰ্মৰ পূজাকেই কৰিলোঁ। ধৰ্মৰ পূজা কৰাৰ সময়ে নাপালোঁ।
বাৰু,
যি হ’বৰ আছিল, সেয়া হৈ গ'ল ! কাইলৈৰ পৰাই মই ধৰ্মৰ পূজাত মনোনিৱেশ কৰিম। কাইলৈ ৰাতিপুৱা
টোপনিৰ পৰা সাৰ পাই বিছনাৰ পৰা নামি দুৱাৰ খুলি যাক সন্মুখত পাম তেওঁৰ
ওচৰতে দীক্ষালৈ মই ধৰ্মাচৰণ আৰম্ভ কৰিম।
এইদৰে প্ৰতিজ্ঞা কৰি ৰজা শুই পৰিল ।
সংযোগবশতঃ সিদিনা ৰাতি মংলা নামৰ চোৰ এটাই চুৰি কৰিবলৈ আহি
ৰজাৰ শোৱনি কোঠালিৰ পিছফালে সিন্দি খান্দিবলৈ বোন্দাপৰ দি বহি আছিল৷
ৰজা-ৰাণীৰ মাজত হোৱা কথোপকথন সি মনোযোগেৰে শুনি ভাবিলে, ৰজাৰ কথাই যদি ঠিক হয়, মই আজি আৰু চুৰি নকৰোঁ। ইমান দিন ধৰি চুৰি কৰি আছো, তথাপি অভাৱে লগ এৰা নাই। পেটে-ভাতে খাইহে কোনোমতে দেহটো ধৰি
আছোঁ । তাতকৈ ৰজাৰ কথা যদি সঠিক হয়, তেনেহ'লে কাইলৈ ৰাতিপুৱাৰ পৰাই সকলো দুখৰ যতি পৰিব। ৰজাক দীক্ষা দিব পাৰিলে শেষৰ
দিনকেইটা অন্ততঃল’ৰা-ছোৱালীকেইটা
লৈ সুখেৰে খাই-বই থাকিব পাৰিম। কিন্তু আকৌ এবাৰ ভাবিলে, ৰজা মানুহ, কেতিয়া কি মূৰ্তি ধৰে একো ঠিক নাই। ক্ষণে তুষ্ট, ক্ষণে ৰুষ্ট হোৱাই ৰজা-বাদচাহসকলৰ স্বভাৱ ! ৰাতি সমাজিক দেখি
আবেগৰ স্পৰ্শ লাগিছে আৰু ৰাতিপুৱা দুৱাৰ খুলি যাক প্রথমে সন্মুখত পাব তাৰ
ওচৰতে দীক্ষা ল'ব বুলি
প্ৰতিজ্ঞা কৰি শুই পৰিছে। ৰাতিপুৱা যদি ৰজাৰ এই মনোভাৱ নাথাকে তেতিয়া কি হ’ব? ৰজাৰ কথাত বিশ্বাস কৰি দুৱাৰ মুখলৈ গৈ বহি থাকিলে যদি চোৰ বুলি
ধৰি নি বন্দীশালত আটক কৰি থয় তেতিয়া কি গতি হ’ব?
এইদৰে মনতে গুণা-গঁথা কৰি বহু সময় কটালে। শেষত সিদ্ধান্ত ল’লে, কপালত যি আছে সেয়ে হ’ব।
দেখাই য’ক কি হয়! পুৰষৰ বাত- হাতীৰ দাঁত । ৰজা
যদি পুৰুষ হয়, কথা
ঠিক থাকিব! যদি কাপুৰুষ হয়-- কথা লৰ-চৰ হ’ব, ধৰি নি বন্দীশালত ভৰাই থ'ব! ইয়াৰ বাহিৰেনো ৰজাই কি কৰিব! ৰজাকতো অন্ততঃ চিনিব পাৰিম। জীৱনত কৃতকার্য হ’বলৈ হ'লে কিছু ‘ৰিক্স’ ল’বই
লাগে।
এইদৰে মনতে গুণা-গঁথা কৰি মংলা চোৰে সিন্দি খান্দিবলৈ অনা
চিপৰাংডাল এঠাইত লুকোৱাই থৈ ভাগ্যক ধিয়াই ৰজাৰ শোৱনি কোঠালিৰ
দুৱাৰ-মুখলৈ আহি বহি পৰিল।
ৰাতিপুৱা ৰজা সাৰ পাই উঠিল আৰু সমাজিকৰ কথা মনত পৰাৰ লগে
লগে এক অনাবিল আনন্দত তেওঁৰ দেহ-মন আপ্লুত হৈ উঠিল। এঙামুৰি দি তেওঁ
বিছনাৰ পৰা নামি ইষ্ট নাম স্মৰণ কৰি ধীৰে-সুস্থিৰে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল।
তেওঁ নিশা কৰা প্ৰতিজ্ঞাৰ কথা অনুসৰি ইফালে-সিফালে সন্ধানী দৃষ্টিৰে চালে। প্রথম দৃষ্টিতে তেওঁ মংলাচোৰক দুৱাৰ
মুখত বহি থকা দেখিলে। মংলাক দেখি তেওঁ হাতযোৰ কৰি ক'লে- প্রভু, আপুনি মোক দীক্ষা দিব লাগিব। ৰাতি এটা সমাজিক দেখি মই আজি
ৰাতিপুৱা যাক প্ৰথমতে দেখা পাম তেওঁৰ ওচৰতে দীক্ষা ল’ম বুলি প্ৰতিজ্ঞা কৰিছোঁ। এতিয়া আপুনি মোক দীক্ষা দি মোৰ
মনোবাঞ্ছা পূৰ্ণ কৰক, প্রভূ।
মংলাই দূৰৰ গংগা ওচৰতে পাই গৰ্বত উফন্দি উঠিল আৰু সি মনে
সজা এটি সমাজিকৰ কথা ব্যক্ত কৰি ক'লে- ময়ো শেষ নিশা এটি সমাজিক দেখিছোঁ।
শেষ নিশাৰ সমাজিক কেতিয়াও মিছা নহয়!
ৰজাই ব্যস্তভাবে সুধিলে- কি সমাজিক দেখিছে, প্রভু?
মংলাই মনে সজা এটি কাহিনী ব্যক্ত কৰিলে- শেষ নিশা মই
সমাজিকত দেখিলোঁ, কোনোবাই যেন মোক মাতি কৈছে, মংলা তই যা, ৰজাই তোৰ ওচৰত শৰণ
ল’বলৈ উন্মুখ হৈ আছে। আজি ৰাতিপুৱা ৰজাক দীক্ষা দি ধাৰ্মিক
কৰিলে তোৰ অক্ষয় পূণ্য লাভ হ’ব। যা, ৰাতিয়ে গৈ ৰজাৰ শোৱনি
কোঠালিৰ দুৱাৰ মুখত বহি থাকগৈ। সমাজিক দেখিয়ে মই উৰ্দ্ধশ্বাসে দৌৰি আহিছোঁ।
এইদৰে মনেসজা সমাজিকৰ কথা ব্যক্ত কৰি সি গহীনাই ক'লে- বাৰু, যোৱা, শৰণ লোৱাৰ কাৰণে যা-যোগাৰ কৰাগৈ। আজি এই মুহূর্তেই তোমাক মই
শৰণ দিম। মহেন্দ্ৰযোগ সমাগত।
নিস্তৰংগ পুখুৰীত দলি মাৰিলে যিদৰে ঢৌবোৰ চাৰিওফালে বিয়পি
পৰি খলকনিৰ সৃষ্টি কৰে, সেইদৰে ৰাজপ্রাসাদতো খলকনি সৃষ্টি কৰিলে। ৰাজপ্রাসাদত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হ’ল। ৰজাৰ আদেশ পাই লিগিৰীকেইজনীমান দৌৰি আহি মংলাক দাঙি
বাথৰূমলৈ নি মলমলীয়া সুবাসিত চাবোনেৰে ঘঁহি-পিহি গা ধুৱাই আনি
তেল-পানীৰ লগতে কস্তুৰীৰ সুবাস সানি মখমলৰ সাজ-পাৰ পিন্ধাই ৰজাৰ শোৱনি কোঠালিলৈ আনি
দুগ্ধ- ফেনিল কোমল বিছনাত বহোৱাই আঁতৰি গ'ল। ৰাণীয়ে আহি মংলাৰ ভৰি চুই সেৱা জনাই হাতযোৰ কৰি ক’লে- প্রভুই কিবা অসুবিধা পাইছে নেকি? আপোনাৰ জল-পানৰ কাৰণে সকলো সাজু। আপোনৰ অনুমতি পালেই আনিব
পাৰোঁ।
জলপানৰ কথা শুনি মংলাৰ পেটৰ ভোক কল্মলাই উঠিল যদিও সি নিজক
সংযত কৰি ক’লে-
নাই নাই,
একো অসুবিধা পোৱা নাই! তোমালোকে সোনকালে
গা-পা ধুই আহা। তোমালোকক দীক্ষা দিয়াৰ পাছতহে মই জল স্পৰ্শ কৰিম।
খন্তেক পাছতে ৰজা-ৰাণীয়ে গা-পা ধুই আহি মংলাৰ ওচৰত শৰণ ল’লে। শৰণ লোৱাৰপাছত ৰজা-ৰাণীয়ে গুৰুদেৱক নানা উপাদেয় ভোজনেৰে আপ্যায়িত
কৰিলে। ৰাণীয়ে স্বয়ং খাদ্য পৰিৱেশন কৰিলে। ৰজাই বিচনী এখনেৰে গুৰুদেৱক বিচি
থাকিল।
পৰম তৃপ্তি সহকাৰে ভোজন কৰি তৃপ্তিৰ উগাৰ মাৰি গুৰুদেৱে ক'লে- তোমালোকৰ আপ্যায়নত মই তৃপ্ত। এতিয়া যোৱা তোমালোকে আহাৰ গ্ৰহণ কৰাগৈ।
গুৰুৰ আদেশ পাই ৰজা-ৰাণীয়ে আহাৰ গ্ৰহণ কৰি গুৰুদেৱৰ ওচৰলৈ
আহি হাতযোৰ কৰি ক'লে-
আপোনাৰ সেৱা-শুশ্রূষা কৰাৰ কাৰণে অনুমতি পালে আমি কৃতাৰ্থ হ'ম।
মংলাই গহীন-গম্ভীৰভাবে ক’লে-দীক্ষা দিছো যেতিয়া তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ
কৰ্তব্য। বাৰু, কি
সেৱা কৰিব খুজিছা, কৰা।
গুৰুৰ আদেশ পাই ৰজাই মংলাৰ হাত-ভৰি মালিচ কৰিবলৈ ধৰিলে আৰু
ৰাণীয়ে বিচনী এখন লৈ মংলাৰ মূৰ শিতানত থিয় দি বিচিবলৈ ধৰিলে। মংলাই গভীৰ
তৃপ্তিত স্বৰ্গ-সুখ অনুভৱ কৰিবলৈ ধৰিলে আৰু দুয়োকো হিয়া উজাৰি আশীৰ্বাদ দিলে--
তোমালোকৰ সকলো মনস্কামনা পূর্ণ হওঁক। ধৰ্ম-কৰ্মত মতি হওঁক আৰু স্বৰ্গ-সুখ
লাভ হওঁক।
সিদিনাৰ পৰা মংলাই নিজৰ ঘৰ-সংসাৰৰ কথা পাহৰি পৰম সুখত
ৰাজদৰবাৰতে ৰাজভোগ খাই দিন অতিবাহিত কৰিবলৈ ধৰিলে। এদিন মংলাই ৰজাক ক’লে- তোমালোকৰ সেৱা-শুশ্রূষাত মই পৰম তৃপ্ত। জীৱনত নোখোৱা
বহুবিধ উপাদেয় আহাৰ খালো। কিন্তু এটা বস্তু খাবলৈ মোৰ বৰ মন
গৈছে। খুৱাব পাৰিবা জানো?
ৰজাই আথে-বেথে সুধিলে- কি বস্তু প্রভু? অনুগ্রহ কৰি ব্যক্ত কৰিলে দাস বাধিত হ'ম।
মংলাই সেমেনা-সেমেনি কৰি ক'লে- মোৰ হৰিণৰ মঙহ খাবলৈ বৰ মন গৈছে। হৰিণৰ মঙহ কোনোদিন খাই
পোৱা নাই।
ৰজাই গৰ্বেৰে সৈতে ক’লে- নোৱাৰিম কে’লেই। আপোনাৰ আদেশ পালে নিশ্চয় পাৰিম। আজিয়ে মই চিকাৰলৈ গৈ
হৰিণ চিকাৰ কৰি আনিম।
ৰজাই গুৰুৰ আদেশ লৈ সিদিনাই পাত্র-মিত্ৰ সমন্বিতে হৰিণ
চিকাৰ কৰিবলৈ ওলাল।
ৰজাক দীক্ষা দিয়াৰ পাছত মংলাক ৰজাৰ শোৱনি কোঠালিতে শুৱলৈ
দিছিল। আন দিনবোৰৰ দৰে মংলাই ৰজাৰ অনুপস্থিততো ৰজাৰ শোৱনি কোঠালিতে
শুলে। কয়লা
ধুলে ময়লা নাযায়। চোৰৰ স্বভাৱো সতকাই পৰিৱৰ্তন নহয়। ৰাণীৰ ডিঙিত মুকুতাৰ হাৰ
দেখি প্ৰথম দিনাৰ পৰাই মংলাৰ মনত হাৰডালৰ প্ৰতি লোভ উপজিছিল। কিন্তু
ৰজা-ৰাণীৰ আদৰ-যত্ন তথা হাৰ্ডাল সৰকোৱাৰ কাৰণে বিশেষ সুযোগ নাপাই মংলাই
হাৰ্ডালৰ কথা প্রায় পাহৰিয়ে গৈছিল। সিদিনা ৰাণীক অকলে পাই তাৰ মনত লোভৰ
বাষ্পপূঞ্জ সঞ্চাৰিত হ’বলৈ
ধৰিলে। সি ভাবিলে, হাডাল সৰকাব পাৰিলে বৰ ভাল হ’লহেঁতেন! ইফালে মই ৰাজভোগ খাই পৰম সুখত আছো আৰু সিফালে ল’ৰা-ছোৱালীকেইটানাখাই-নবৈ মোলৈ বাট চাই আছে! হাৰ্ডাল সৰকাব
পাৰিলে সিহঁতকো ৰাজভোগ খুৱাব পাৰিলোহেঁতেন!
এইদৰে মনতে গুণা-গঁথা কৰি থাকোঁতে তাৰ মনাকাশ লোভৰ
বাষ্পপূঞ্জই আচ্ছন্ন কৰি পেলালে। ৰজাৰ আদৰ-যত্নৰ কথা সি পাহৰি গ’ল। সি সকৌতুকে বাৰে বাৰে ৰাণীৰ বিছনাৰ ফালে ভুমুকিয়াই চাই
চাই ৰাণী টোপনি অহালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
এটা সময়ত ৰাণী টোপনি গ'ল। টোপনি গভীৰ হৈ অহাৰ লগে লগে তাইৰ মৃদুভাবে নাক ঢাকিবলৈ
ধৰিলে।
ৰাণীৰ নাক ঢকাৰ শব্দ পাই মংলাৰ মনত লোভ নামৰ উন্মত্ত উল্লাস
জাগি উঠিল। সি বিছনাৰ পৰা নামি হাতত সাৰে ভৰিত সাৰে ৰাণীৰ বিছনাৰ কাষলৈ আহি
সন্তর্পণে ৰাণীৰ ডিঙিৰ পৰা হাৰডাল খুলি পেলালে। লেঠা লাগিল ৰাণীৰ ডিঙিৰ পৰা
হাৰ্ডাল উলিয়াই অনাৰ সময়ত। হাৰডাল টানি উলিওৱাৰ সময়ত ৰাণী সাৰ পাই উঠিল।
কোঠালিত মৃদুমন্দভাৱে লেম এখন জ্বলি আছিল। তাই চকু মেলি
দেখিলে,
হাৰ্ডাল হাতত লৈ মংলাই তাইৰ বিছনাৰ কাষতে থিয় দি আছে।
ৰাণীয়ে বিস্ময়াভিভূত দৃষ্টিৰে মংলাৰ ফালে চাই ক'লে- গুৰুদেৱ, আপুনি.....
ৰাণীয়ে বাক্যটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। ধৰা পৰি যোৱাৰ
ভয়ত মংলাই ৰাণীৰ শিতানত থকা তৰোৱালটো টানি আনি একেঘাপে ৰাণীৰ মূৰটো দেহৰ
পৰা বিচ্ছিন্ন কৰি পেলালে।
ৰাণীক হত্যা কৰি মংলাই দৌৰি পলাবলৈ ধৰিলে। কিন্তু শেন চকুৱা
প্ৰহৰী-চন্তৰীবোৰে মংলাক গেটৰ মুখতে ধৰি পেলালে আৰু কাপোৰ-কানিত তেজৰ
চেকা দেখি সোধা-মেলা কৰি ৰাণীক হত্যা কৰা কথাটো অৱগত হৈ কিল-ভুকু শোধাই বন্দীশালত
বন্দী কৰি থ’লে।
ৰাতিপুৱা ৰাণী-হত্যাৰ বাতৰি পাই ঘটনা প্রত্যক্ষ কৰিবলৈ ৰাজ
হাউলি লৈ লানি নিছিগা জনতাৰ সোঁত ব’বলৈ ধৰিলে। চাওঁতে চাওঁতে ৰাজ হাউলি লোকাৰণ্য
হৈ পৰিল। ঘটনা প্রত্যক্ষ কৰি সকলোৰে চকু কপালত উঠিল। আটায়ে মংলাক অভিসম্পাত
কৰিবলৈ ধৰিলে।
খবৰ পাই ৰজাও চিকাৰৰ পৰা উভতি আহিল। তেওঁ ঘোঁৰাৰ পৰা নামি
বন্দীশাললৈ গ'ল।
বন্দীশালৰ পৰা মংলাক মোকলাই আনি প্ৰহৰী-চন্তৰীবোৰক ভৎৰ্সনা কৰি ক'লে- কোনে তোমালোকক বন্দী কৰিবলৈ আদেশ দিছিল? যোৱা, গুৰুদেৱৰ পৰিচৰ্যাৰ ব্যৱস্থা কৰাগৈ। তাৰ পাছত গা-পা
ধোৱাই আনি মোৰ শোৱনি কোঠালিত বহিবলৈ দিয়াগৈ।
ৰজাৰ কথা শুনি সকলো অবাক। ই কি কথা! হত্যাকাৰী এজনক
কৰায়ত্ত কৰাৰ কাৰণে ৰজাই খং কৰিছে কিয় ? শাস্তি প্ৰদানৰ পৰিৱৰ্তে পৰিচৰ্যা কৰাৰ
কাৰণে আদেশ দিছে কিয় ? ইয়াৰ মাজত কি ৰহস্য নিহিত হৈ আছে? এইদৰে হেজাৰটা প্রশ্নই উপস্থিত জনতাৰ মনত খলকনি তুলিলে।
ৰজাৰ হুকুম অলংঘনীয় ! হুকুম পাই লিগিৰীবিলাকে মংলাক গা-পা
ধুৱাই ৰজাৰ শোৱনি কোঠালি লৈ আহিল। উপস্থিত মানুহবিলাকে মাটিৰ প্ৰতিমাৰ দৰে
থিয় হৈ নিৰ্বিকাৰভাবে ঘটনা প্রত্যক্ষ কৰিবলৈ ধৰিলে।
ইফালে মংলাও ভয়ত সন্ত্রস্ত। সি যি কৰ্ম কৰিছে সেই কৰ্মৰ
ক্ষমা নাই। নৰহত্যা! সিও এগৰাকী ৰাণীক ! ৰজাই নিশ্চয় তাক শূলত দিমাৰিব, নহ'লে
জ্বলা জুইত পুৰি মাৰিব। শুকান বালিয়ে পানী শুহি নিয়াৰ দৰে মংলাৰ মনত ভয়ৰ
বাষ্পপূঞ্জ সঞ্চাৰিত হৈ তাৰ জীৱনৰ আশা শুহি নিবলৈ ধৰিলে। সি বিছনাত মুছকঁছ হৈ বহি বিস্মিত আৰু
আতংকিত দৃষ্টিৰে ৰজাৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰিবলৈ ধৰিলে।
ৰজাই নিজেও গা-পা ধুই আহি ভক্তি আপ্লুতভাবে এঘটি পানীলৈ
মংলাৰ ওচৰলৈ আহি ক’লে-
গুৰুদেৱ,
আপোনৰ পদ-যুগল ধৌত কৰি পাদোদক নিয়াৰ বাবে অনুমতি
বিচাৰিছোঁ। আপুনি অনুমতি দিলে বাধিত হ'ম।
ৰজাৰ বিনীত প্ৰাৰ্থনা শুনি মংলাৰ ভয়ত বিবৰ্ণ শংকিত দেহত
কিছু বল পাই সেমেনা-সেমেনি কৰি ক'লে- বাৰু, ইচ্ছা
কৰিছা যদি নিয়া।
অনুমতি পাই ৰজাই মংলাৰ পদ-যুগল ধৌত কৰি পাদোদক লৈ ৰাণীৰ
দ্বি-খণ্ডিত দেহৰ ওচৰলৈ আহি কটা মূৰটো তাইৰ দেহৰ লগত সংযোগ কৰি পাদোদক
ৰাণীৰ দেহৰ ওপৰত ছটিয়াই দিলে। খন্তেক পাছতে মৃতা ৰাণীৰ দেহত প্ৰাণ সঞ্চাৰ হ’ল। তাই এঙামুৰি দি বিছনাত উঠি বহিল।
ঘটনা প্রত্যক্ষ কৰি সকলো অবাক! সকলোৰে চকু কপালত উঠিল। মৃত
দেহত প্রাণ সঞ্চাৰ! একেবাৰে অবিশ্বাস্য কাণ্ড! ই কেনেকৈ সম্ভৱ হ'ল? ই ৰজাৰ গুৰুভক্তিৰ মাহাত্ম্য, নে মংলাৰ ভৰিৰ ৰহস্য! ই নিশ্চয় ৰজাৰ গুৰুৰ প্ৰতি থকা
ভক্তিৰে ফল। মংলাৰ ভৰিৰ কোনো মাহাত্ম্য নাই। আটায়ে ৰজাক ধন্য ধন্য কৰিবলৈ ধৰিলে। ইয়াকে
কয়,
গুৰুভক্তি ! ভক্তিৰ বলতে ৰজাই মৃতা ৰাণীৰ দেহত প্ৰাণ সঞ্চাৰ
কৰিলে ! ৰজাৰ প্ৰতি সকলোৰে ভক্তি উপজিল। ফলৰ ভৰত দোঁ খাই পৰা গছৰ
দৰে আটায়ে ৰজাক প্ৰণিপাত জনালে।
ইফালে মংলা অহংকাৰত গংগাটোপটোৰ দৰে ফুলিবলৈ ধৰিলে। তাৰ
পদ-যুগলত যে ইমান মহিমা আছে সিচোন ইয়াৰ উমঘামেই পোৱা নাছিল! দুবৰি
বনত নিয়ঁৰ কণাৰ চিক্মিকনিৰ দৰে তাৰ মনত অহংকাৰ চিক্মিকাবলৈ ধৰিলে। অলপ আগতে তাৰ
প্ৰতি বিদ্বেষ মনোভাৱ প্ৰদৰ্শন কৰা উপস্থিত মানুহবিলাকৰ ফালে চাই সি গৰ্বৰ
হাঁহি মাৰিলে। মানুহবিলাকে ৰজাক সেৱা জনাই ভক্তি আপ্লুতভাবে ঘৰা- ঘৰি গুচি গ'ল।
দুই-তিনিদিনমান পাছত মংলা ৰজাৰ পৰা বিদায় লৈ ঘৰলৈ আহিল।
ঘৈণীয়েকক দেখিয়ে সি আস্ফালন কৰি ক’বলৈ ধৰিলে- মই ইমান দিন ঘৰৰ পৰা আঁতৰি আছো, মৰিলোঁ, নে জীয়াই থাকিলোঁ সেই খবৰ ল’বলৈও বেটিৰ সময় নহ'ল ! ইয়াকে স্বামী-ভক্তি কয় নেকি?
ৰাজ হাউলি সিহঁতৰৰ ঘৰৰ পৰা বহুদূৰত। গতিকে মংলাই ৰজাৰ ঘৰত
কৰি অহা আচৰণৰ কথা ঘৈণীয়েকে গম পোৱা নাই। গতিকে তাই মংলাৰ কথা শুনি
উচাট মাৰি ক'লে-
মৰিবলৈ গৈছিল যদি নমৰিল কিয়? মই খা-খবৰ নোলোৱাতহে জগৰ লাগিল! ইমান দিন যে ল'ৰা- ছোৱালীকেইটা লৈ কি সুখত দিন কটাইছোঁ তাৰ খবৰ কোনে ল’লে? যতমানে মোৰ মাজতহে দোষ দেখিলে! আপোনাৰ দৰে অপদাৰ্থ পুৰুষৰ ঘৰ-সংসাৰ
কৰাতকৈ বনলৈ গৈ বাস কৰাও ভাল।
ঘৈণীয়েকৰ কটূক্তি শুনি মংলাই বন্য-জন্তুৰ দৰে চিঞৰি উঠি ক’লে- কি ক’লি,
মই অপদার্থ? মোৰ মহিমা তই কি জান! মই ইচ্ছা কৰিলে তোক দুছোৱাকৈ
কাটি পুনৰ জীয়াই তুলিব পাৰোঁ।
ঘৈণীয়েকে উপলুঙাৰ সুৰত ক'লে- ইঃ, সিদ্ধ পুৰুষটো আহিছে! দুছোৱাকৈ কাটি পুনৰ জীয়াই তুলিব
পাৰে! সিদ্ধ পুৰুষ! সিদ্ধ পুৰুষ নহয়, আপুনি কাপুৰুষহে!
ঘৈণীয়েকৰ ত্ৰিস্কাৰত মংলা আস্ফালন কৰি উঠিল- তই কি জান মোৰ
মাহাত্ম্য? বাৰু,এতিয়াই তোক দেখুৱাই আছোঁ, মই সিদ্ধ পুৰুষ, নে কাপুৰুষ! এইদৰে
কৈয়ে মংলাই ওচৰত থকা দাখনেৰে একে ঘাপে ঘৈণীয়েকৰ মূৰটো দেহৰ পৰা বিচ্ছিন্ন কৰি
পেলালে।
ল’ৰা-ছোৱালীকেইটা
ওচৰতে আছিল। মাকক দুছেওকৈ কটা দেখি সিহঁতে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে। মংলাই
চিঞৰ-বাখৰ কৰিবলৈ হকা-বধা নকৰিলে। চিঞৰক! ইহঁতে চিঞৰিলেহে মানুহ আহিব আৰু
মানুহ আহিলেহে সিহঁতৰ সন্মুখত মৃতা স্ত্ৰীক জীয়াই তুলি তাৰ মাহাত্ম্য প্ৰকাশ
কৰিব পাৰিব! ইমান দিনে গাঁৱৰ মানুহে তাক চোৰ বুলি উপলুঙা কৰি আহিছে। আজিহে তাৰ আচল
মাহাত্ম্য বুজি পাব। মংলাই এইবোৰ কথা মনতে ভাবি হোকা জ্বলাই নিৰ্বিকাৰভাবে
হুপিবলৈ ধৰিলে।
মংলাই ভবামতেই ল’ৰা-ছোৱালীকেইটাৰ চিঞৰ-বাখৰ শুনি কৌতুহলবশতঃ গাঁৱৰ মানুহ
মংলাৰ ঘৰলৈ আহিল। কাণ্ড দেখি সকলো অবাক! গোটেইখন চোতাল তেজেৰে লুতুৰি-পুতুৰি। তাৰ মাজতে
তেজেৰে তুমৰলি হৈ পৰি আছে মংলাৰ ঘৈণীয়েকৰ মৃতদেহ। ল'ৰা- ছোৱালীকেইটাই মৃতা মাকক সাৱটি ধৰি হুৰাওৰাৱে চিঞৰি আছে আৰু
মংলাই বাৰাণ্ডাত বহি নির্বিকাভাবে হোকা হুপি আছে। মংলাৰ কাণ্ড দেখি আটায়ে তাক
তিৰস্কাৰ কৰিবলৈ ধৰিলে। কিছুমানে মংলাক ৰাজ দৰবাৰলৈ লৈ যোৱাৰ কাৰণে প্রস্তুতিও
চলালে।
মংলাই নির্বিকাৰভাবে ক’লে-ক'লৈকো নিয়াৰ প্ৰয়োজন নাই। এঘটি পানী আনি মোৰ ভৰি পখালি সেই পানী মৃতদেহৰ ওপৰত
ছটিয়াই দিয়া, এতিয়াই পোণাৰ মাক জী উঠিব।
মংলাৰ কথা শুনি মানুহবিলাকে উপহাস কৰি ক'লে-ইঃ! সিদ্ধ পুৰুষটো আহিছে! এওঁৰ ভৰি পখলা পানী মৃত-দেহৰ
ওপৰত ছটিয়াই দিলেই দেহত প্ৰাণ সঞ্চাৰ হ’ব! গছত গৰু উঠা কথা! ই বেটা আচলতে বলিয়া হৈছে! এওঁক ফাটেকত
ভৰালেহে বলিয়ালিৰ মজা পাব!
মানুহবিলাকৰ মাজৰ পৰা বয়োবৃদ্ধ মানুহ এজনে ক'লে- ই কৈছে যেতিয়া কৰি চোৱাতনো ক্ষতি কি? ঈশ্বৰৰ মহিমাৰ অন্ত নাই। ই কোৱামতেই কৰি চোৱা।
দেখা য’ক কি হয়। পাছে-পৰেও ইয়াক ফাটেকত ভৰাব পাৰিবা।
বৃদ্ধৰ কথামতেই এজনে মংলাৰ ভৰি ধুই পাদোদক নি মংলাৰ
ঘৈণীয়েকৰ দ্বি-খণ্ডিত দেহৰ ওপৰত ছটিয়াই দিলে । কিন্তু একো নহ'ল। মৃতা মানুহজনী আগৰ দৰেই নিস্পন্দ হৈ পৰি থাকিল।
মংলাই ভাবিলে, এওঁলোকে নিশ্চয় কামটো ভালদৰে কৰিব পৰা নাই। ইহঁতৰ মোৰ
প্ৰতি ভক্তিও নাই, বিশ্বাসো নাই। ভক্তি নহ'লে জানো মুক্তি মিলে ! গতিকে সি নিজেই নিজৰ ভৰি পখালি পাদোদক
নি স্ত্ৰীৰ দেহৰ ওপৰত ছটিয়াই দিলে। এইবাৰো একো নহ'ল। গতিকে কিবা ভুল হোৱা বুলি ভাবি সি পুনৰ নিজৰ ভৰি পখালি মৃত-দেহৰ
ওপৰত পানী ছটিয়ালে। কিন্তু কোনো ফল নিদিলে। মৃতা স্ত্রী আগৰ দৰেই নিস্পন্দ হৈ পৰি
থাকিল।
মংলা অবাক! তাৰ পাদোদকৰেইতো মৃতা ৰাণী জী উঠিছিল! এতিয়া
তাৰ স্ত্ৰী জী উঠা নাই কিয়? ক'ৰবাত
কিবা ভুল হ’ল নেকি? সি প্ৰচণ্ড
হতাশাত ভাঙি পৰিল। এক অপৰাধবোধে তাক আচ্ছন্ন কৰি পেলালে। বলিয়াৰ দৰে সি উপর্যুপৰি
কে’বাবাৰো ভৰি পখালি পানী ছটিয়ালে। কিন্তু
ফল নিদিলে। হতাশাত তাৰ মুখমণ্ডল মৰা বৰালিৰ দৰে শেঁতা পৰি গ'ল।
উপস্থিত মানুহবিলাকে ইমান সময় ধৈর্য ধৰি অপেক্ষা কৰি আছিল।
অৱশেষত সিহঁতৰ ধৈৰ্যৰ বান্ধ শিথিল হৈ পৰিল। সিহঁতে মংলাৰ হাত পিঠমূৰীয়াকৈ
বান্ধি ৰাজ-দৰবাৰলৈ লৈ যাবলৈ ধৰিলে।
ইফালে ৰজাই ইকাণে-সিকাণে দুৰ্ঘটনাটোৰ বাতৰি পাই মংলাৰ ঘৰলৈ
বুলি ওলাই আহিল৷ ৰজাই মানুহবিলাকক বাটত লগ পালে।
ৰজাই মানুহবিলাকক উদ্দেশ্য কৰি ক'লে- গুৰুদেৱক ৰাজ-দৰবাৰলৈ নিব নালাগে। সসন্মানে এওঁৰ হাতৰ
বান্ধ খুলি দিয়ক। এওঁৰ ঘৰতে মই এওঁৰ বিচাৰ কৰিম।
ৰজাৰ কথাৰ প্ৰতিবাদ কৰিবলৈ কোনেও সাহস গোটাব নোৱাৰিলে।
সিহঁতে মংলাৰ হাতৰ বান্ধ খুলি দিলে।
ৰজাই নিজে পাল্কীত বহি আহিছিল আৰু মংলাৰ কাৰণেও এখন পাল্কী
লৈ আহিছিল। মংলাক সেই পাল্কীত বহুৱাই মংলাৰ ঘৰলৈ আহিল। উৎসুক জনতাও
সমদল কৰি ৰজাৰ পিছে পিছে মংলাৰ ঘৰলৈ আহিল।
ৰজাই এঘটি পানী আনিবলৈ আদেশ দিলে। চিপাহী এজনে পানী আনি দিলে। ৰজাই
মংলাৰ ভৰি ধুই পাদোদক আনি মংলাৰ মৃতা স্ত্ৰীৰ গাত ছটিয়াই দিয়াৰ
লগে লগে মংলাৰ স্ত্ৰী পুনৰ জী উঠিল।
মানুহবিলাক অবাক! অবিশ্বাস্য কাণ্ড! সিহঁতে নিজেওতো মংলাৰ
নিৰ্দেশমতে তাৰ ভৰি ধুই পাদোদক তাৰ মৃতা স্ত্ৰীৰ গাত ছটিয়াই দিছিল, তেতিয়া দেখোন কোনো ফল দিয়া নাছিল ! ৰজাই ভৰি ধুই ছটিয়াই
দিয়াৰ লগে লগে মংলাৰ স্ত্ৰী জী উঠিল! এয়া কেনেকৈ সম্ভৱ হ’ল? মানুহবিলাকে ভাবিলে, আচলতে মংলাৰ ভৰিৰ কোনো মাহাত্ম্য নাই, আচল মাহাত্ম্য ৰজাৰ গুৰু-ভক্তিৰহে।
আটায়ে ৰজাক ধন্য ধন্য কৰি ঘৰা-ঘৰি গুচি গ'ল। মংলা মাটিৰ মূৰ্তিৰ দৰে থিয় দি থাকিল আৰু শাওণমহীয়া
আকাশৰ দৰে মংলাৰ মন সেমেকি উঠিল। সি নিজেও উপলব্ধি কৰি পাৰিলে, যে আচলতে তাৰ ভৰিৰ কোনো মাহাত্ম্যই নাই, আচল মাহাত্ম্য ৰজাৰ ভক্তিৰহে। সি গৈ ৰজাৰ ভৰিত আছাৰ খাই
পৰিল ।
ৰজাই তাক থাপ মাৰি ধৰি ক'লে- এয়া আপুনি কি কৰিছে গুৰুদেৱ? মোক কিয় পাপৰ ভাগী কৰিব খুজিছে? মানুহবিলাকে যিয়েই নাভাবক কিয়, সকলো মাহাত্ম্য আপোনাৰে।
ৰজাৰ গুৰুভক্তিত আপ্লুত হৈ মংলাই ৰজাক আলিংগন কৰি ক'লে- নাই নাই, সকলো আপোনাৰেই মাহাত্ম্য, ইয়াত মোৰ কোনো মাহাত্ম্য নাই।
‘ভক্তৰ অধীন ভগবান
ভক্তই ৰাখিলে গুৰুৰ মান।।
* * *
বুদ্ধিমতী মন্ত্রী-কন্যা
পুৰণি কালৰ কথা । এদিন এজন ৰজাই ৰাজ-দৰবাৰত বহি মন্ত্ৰী পৰিষদৰ লগত ৰসাল কথাৰ
মেল মাৰি আছিল। মেলৰ মাজতে মন্ত্ৰীয়ে হঠাৎ ক’লে- মানুহবিলাক ঠিক ভেড়াৰ পালৰ দৰে। ভেড়াবোৰৰ এটাই দৌৰিলে বাকীবোৰেও কোনো
বিচাৰ-বিবেচনা নকৰাকৈ তাৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে। কোনোবা এজনে কোনো গুজব ৰটালে
মানুহবিলাকে কথাটোৰ তলা-নলাৰ গম নোলোৱাকৈ গুজৱত উটি ফুৰে।
কথাটো শুনি ৰজাৰ ভ্ৰূযোৰ কোঁচ খাই গ'ল। কাৰণ তেওঁতো মানুহ! তেৱোঁ ভেড়াৰ দৰে নেকি? ৰজাৰ আত্মসন্মানত আঘাত লাগিল। গতিকে ৰজাই
প্রশ্নবোধক দৃষ্টিৰে মন্ত্ৰীৰ ফালে চাই ক'লে- ঠিক আছে বাৰু, মানুহবিলাক যে ভেড়াৰ পালৰ দৰে কথাটো আপুনি প্ৰমাণ কৰি দেখুৱাব লাগিব।
আপোনাক মই এমাহ সময় দিলোঁ। এমাহৰ ভিতৰত যদি আপুনি প্ৰমাণ কৰি দেখুৱাব নোৱাৰে, তেনেহ'লে এমাহ পাছত আপোনাক মৃত্যুদণ্ড বিহা হ'ব।
ৰজাৰ কথা শুনি মন্ত্ৰী চিন্তান্বিত হ’ল। তেওঁ কোৱা কথাষাৰ সঁচা যদিও প্ৰমাণ কৰি দেখুৱায় কেনেকৈ?
ভাৰাক্ৰান্ত মনেৰে মন্ত্ৰী ঘৰলৈ আহিল। সিদিনাৰ পৰা তেওঁ
কথাটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব পাৰে সেই চিন্তাত মগ্ন হৈ পৰিল। তেওঁ ৰাজ-দৰবাৰলৈ যাবলৈ এৰিলে। ঠিকমতে খোৱা-লোৱাও নকৰা হ’ল। মন্ত্ৰীৰ এনেকুৱা আচৰণ দেখি ঘৰৰ মানুহবিলাকো চিন্তান্বিত
হৈ পৰিল।
মন্ত্ৰীৰ এজনী জীয়েক আছিল। জীয়েকজনী খুবেই বুদ্ধিমতী আছিল। তাই এদিন সুধিলে- দেউতা, কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ আপুনি ৰাজ-দৰবাৰলৈও নাযায় আৰু ঠিকমতে খোৱা-বোৱাও
নকৰে?
কাৰো লগত কথা-বতৰাও নাপাতে। আপোনাৰ কিবা অসুখ হৈছে নেকি, দেউতা?
জীয়েকৰ কথা শুনি মন্ত্ৰীয়ে ক'লে- অসুখ-বিসুখ একো হোৱা নাই অ’ আই, মোৰ মৰণৰ সময়হে কাষ চাপিছে।
মন্ত্রী-কন্যাই ক'লে- অসুখ-বিসুখ হোৱা নাই যদি মৃত্যুৰ প্ৰশ্ন উঠিল কিয়, দেউতা?
জীয়েকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে ৰাজ-দৰবাৰত হোৱা কথাবোৰ
ভাঙি-পাতি ক’লৈ।
মন্ত্ৰীৰ কথা শুনি জীয়েকে কিছু সময় চিন্তা কৰি ক’লে-মানুহবিলাক যে ভেড়াৰ পালৰ দৰে কথাটো মই প্ৰমাণ কৰি দেখুৱাম, দেউতা। আপুনি এই বিষয়ে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি এমাহৰ ছুটী
লৈ ঘৰতে আৰাম কৰি শুই-বহি থাকক।
পাছদিনা ৰাতিপুৱা মন্ত্ৰী-কন্যা ৰাজ-দৰবাৰলৈ আহি ৰজাক
সাক্ষাৎ কৰি ক'লে-
মানুহবিলাক যে ভেড়াৰ পালৰ দৰে দেউতাই এমাহৰ ভিতৰতে প্ৰমাণ কৰি
দেখুৱাব বুলি মোৰ আগত কৈ পঠাইছে। তাৰ বাবে কেইজনমান বনুৱা আৰু কিছু টকাৰ প্ৰয়োজন
হ’ব। দেউতাকো এমাহৰ ছুটী দিব লাগিব।
ৰজাই ক’লে- এমাহ কিয় মই দুমাহৰ ছুটী দিবলৈকো সাজু আছো। টকা-পইচা আৰু মানুহ মই আজিয়ে
পঠিয়াই দিমহি।
ৰজাৰ পৰা আশ্বাস পাই মন্ত্ৰী-কন্যা ঘৰলৈ আহি কথাটো মন্ত্ৰীক
অৱগত কৰিলে আৰু তাই কি কৰিব খুজিছে সেয়া আনুপূর্বিক ভাঙি- পাতি ক’লে। জীয়েকৰ কথা শুনি মন্ত্ৰীৰ মুখত হাঁহিৰ ৰেখা বিৰিঙি
উঠিল।
আবেলি ৰাজ-দৰবাৰৰ পৰা টকা আৰু বনুৱা আহি পালে।
মন্ত্ৰী-কন্যাই বনুৱা আৰু টকা লৈ এখন গভীৰ অৰণ্যৰ ভিতৰলৈ সোমাই গৈ বাহৰ পাতিলে।
পাছদিনা বনুৱা কেইজনমান চহৰলৈ পঠাই দুমহলীয়া পকীঘৰ নিৰ্মাণৰ উপযোগী মাল-মচলা
অনালে। পাছদিনাৰ
পৰা পকীঘৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ল। এমাহৰ ভিতৰতে পকীঘৰটো সম্পূর্ণভাবে নিৰ্মাণ হ’ল। ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত মন্ত্ৰী- কন্যাই বনুৱাকেইজন
লৈ ঘৰলৈ আহিল। অৰণ্যত নিৰ্মাণ কৰা ঘৰটোৰ কথা গোপনে ৰাখিবলৈ নিৰ্দেশ দি বনুৱাকেইজনক
তিনি সইত খোৱাই মন্ত্রী-কন্যাই সিহঁতক টকা-পইচা দি বিদায় দিলে।
পাছদিনা মন্ত্রী-কন্যাই অকলে অৰণ্যলৈ গৈ ঘৰৰ সন্মুখত
চাইনবোর্ড এখন আঁৰি দিলে। তাৰ পাছত ঘৰলৈ
আহি ঢোল পিটি জনাই দিলে যে, অমুক অৰণ্যত মাটি ফুটি দুমহলীয়া পকীঘৰ এটা উঠিছে, যিটো ঘৰৰ দুমহলীয়াত উঠি ওপৰলৈ চালে স্বয়ং ভগবানক সিংহাসনত
বহি থকা দেখা যায়।
কথা বুলিলে বতাহ ! বনজুইৰ দৰে কথাটো ৰাজ্যময় বিয়পি পৰিল।
ভগবানক স্বচক্ষে দৰ্শন কৰিবলৈ মানুহবিলাকে দলে দলে অৰণ্যৰ মাজলৈ ঢাপলি
মেলিলে।
ঘৰৰ সন্মুখত এখন চাইনবোর্ড আঁৰি থোৱা আছিল। তাত লিখা আছিল- ‘যাওঁক, ভগবানক স্বচক্ষে দৰ্শন কৰি ধন্য হওঁকগৈ। কিন্তু এটা কথা, একমাত্র সতী মাকৰ সন্তানেহে ভগবানক স্বচক্ষে দৰ্শন কৰি ধন্য
হ’ব পাৰিব। অসতী মাকৰ সন্তানে ভগবানৰ দৰ্শন নাপাব। এটা সময়ত মাথোন এজন মানুহহে
প্ৰৱেশ কৰিব পাৰিব।
চাইবোর্ডখন পঢ়ি মানুহবিলাকৰ কৌতুহল দুগুণে বাঢ়ি গ'ল। মানুহবিলাকে
পাঁচ টকাকৈ টিকেট কাটি এজন এজনকৈ ভগবান
দৰ্শনৰ কাৰণে ঘৰৰ ভিতৰলৈ সোমাই যাবলৈ ধৰিলে। আটায়ে ঘৰৰ পৰা ওলাই আহি ভগবানৰ দৰ্শন পাইছে বুলি গৰ্বৰে
সৈতে কৈ ফুৰিবলৈ ধৰিলে। ফলত লানি নিছিগা দর্শনার্থীৰ সোঁত ব’বলৈ ধৰিলে অৰণ্যৰ মাজলৈ।
এটা সময়ত কথাটো ৰজাৰ কাণতো পৰিল। ৰজাই মন্ত্ৰীক মাতি
পঠিয়ালে। ৰজাৰ আহ্বানক্রমে মন্ত্ৰী ৰজাৰ লগত সাক্ষাৎ কৰিবলৈ আহিল। ৰজাই ক'লে- মন্ত্রী, আপুনি শুনিছেনে, অমুক অৰণ্যত বোলে নিশাৰ ভিতৰতে মাটি ফুটি পকীঘৰ এটা উঠিছে, ঘৰটোৰ দুমহলীয়ালৈ উঠি গ'লে হেনো ভগবানক দর্শন কৰিব পাৰি?
মন্ত্ৰীয়ে ক'লে- হয় মহাৰাজ, কথাটো ময়ো শুনি আছো। মই নিজে এতিয়ালৈকে যোৱা নাই।
ৰজাই ক'লে- আমাৰ ৰাজ্যত এনেকুৱা এটা অলৌকিক কাণ্ড ঘটিছে আৰু আমি নোচোৱাকৈ আছোঁ! এয়া
আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা নহয়নে, মন্ত্রী?
নিশ্চয় মহাৰাজ। মন্ত্ৰীয়ে ক'লে- মানুহবিলাকে আমাক বুৰ্বক বুলি ভাবিব।
ৰজাই ক'লে- ব’লক, আমিও ভগবানক দৰ্শন কৰি ধন্য হৈ আহোঁগৈ।
মন্ত্ৰীৰ সৈতে ৰজা ভগবান দৰ্শনৰ বাবে ওলাল। অৰণলৈ আহি
দেখিলে,
অগনন মানুহ! মানুহৰ ভৰিৰ গচকত বন-জংঘল একেবাৰে মাটিৰ লগত মিহলি হৈ
গৈছে। ঘৰৰ চাৰিওফালে অগনন মানুহ ভগবান দৰ্শনৰ বাবে অধীৰ অপেক্ষাত ৰৈ আছে। ৰজাক
দেখি আটায়ে বাট এৰি দিলে। ঘৰৰ সন্মুখলৈ আহি ৰজাই মনযোগেৰে চাইনবোৰ্ডখন পঢ়ি
চালে।
মন্ত্ৰীয়ে ক’লে- যাওঁক মহাৰাজ, আপুনি আগতে ভগবান দৰ্শন কৰি ধন্য হৈ আহকগৈ।
ইষ্টনাম স্মৰণ কৰি ৰজা ঘৰৰ ভিতৰলৈ সোমাই গ'ল। দুমহলীয়ালৈ উঠি গৈ তেওঁ আকাশৰ ফালে জুমি জুমি চাবলৈ
ধৰিলে। কিন্তু ক’তো
ভগবানৰ নাম-গোন্ধকে দেখা নাপালে। ৰজা বৰ চিন্তাত পৰিল। তেওঁৰ মূৰটো কুমাৰৰ চাকৰ
দৰে চক্রাকাৰে ঘূৰিবলৈ ধৰিলে। আটায়ে ভগবান দৰ্শন কৰি ধন্য হৈছে, একমাত্ৰ তেওঁহে ভগবান দৰ্শনৰ পৰা বঞ্চিত হ’ব লগা হ’ল। তেওঁ নিশ্চয় সতী মাকৰ সন্তান নহয়। কিন্তু এই কথা তেওঁ লোকৰ আগত প্ৰকাশ
কৰে কেনেকৈ? এই কথা
শুনিলে মানুহে তেওঁক কি বুলি ভাবিব? প্রজাসকলে নিশ্চয় তেওঁক ৰজা বুলি মানিবলৈকো
টান পাব! পাত্র-মিত্ৰসকলেও এই কথা শুনিলে হাঁহিব! গতিকে নিজৰ নহ'লেও মাকৰ সন্মান ৰক্ষা কৰিবলৈ তেওঁ ভগবানৰ দৰ্শন পোৱা
বুলি ক'ব লাগিব।
এইদৰে মনতে গুণাগঁথা কৰি মনৰ বেজাৰ মনতে সামৰি ৰজাই চেষ্টাকৃত হাঁহি
মুখেৰে দুমহলীয়াৰ পৰা নামি আহিল।
ৰজাক দেখি মন্ত্ৰীয়ে সুধিলে- ভগবানৰ দৰ্শন পালে নেকি, মহাৰাজ?
ৰজাই হাঁহি মুখেৰে ক'লে- এৰা, পালো। এক অলৌকিক কাণ্ড ! নেদেখিলে বিশ্বাস কৰাই টান। বাৰু, এতিয়া আপুনি গৈ ভগবানৰ দৰ্শন লাভ কৰি ধন্য হৈ
আহকগৈ।
ৰজাৰ আদেশ পাই মন্ত্ৰী দুমহলীয়াৰ ওপৰলৈ উঠি গ'ল। মন্ত্ৰীৰ মুখত বিজয়ৰ হাঁহি। ভগবানৰ দৰ্শন নাপায় বুলি
তেওঁ ভালদৰেই জানে। এয়া তেওঁৰ জীয়েকৰহে কাচাজি! গতিকে তেওঁ দুমহলীয়াৰ ওপৰত
কিছু সময় থাকিয়ে ভাৰাক্ৰান্ত মনেৰে নামি আহিল।
ৰজাই হাঁহি মুখে মন্ত্ৰীক স্বাগতম জনাই সুধিলে- আহক, আহক। নিশ্চয় ভগবানৰ দৰ্শন লাভ কৰি ধন্য হৈ আহিল?
মন্ত্ৰীয়ে ৰজাক একাষৰীয়াকৈ মাতি নি ক'লে- মই ভগবানৰ দৰ্শন নাপালো, মহাৰাজ !
মন্ত্ৰীৰ কথা শুনি ৰজাৰ মনটো অলপ ফৰকাল হ’ল। ভাবিলে, একমাত্র তেৱেঁ অসতী মাকৰ সন্তান নহয়, মন্ত্ৰীও। সমব্যাথীৰ আগত মনৰ গোপন কথা প্ৰকাশ
কৰিবলৈ অসুবিধা নাই বুলি ভাবি ৰজাই ক’লে- বেজাৰ নকৰিব, মন্ত্ৰী।! আচলতে ময়ো ভগবানৰ দৰ্শন পোৱা নাই। নিজৰ লাজ ঢাকিবলৈহে
দৰ্শন পোৱা বুলি কৈছিলোঁ।
কথা বুলিলে বতাহ! ৰজা আৰু মন্ত্ৰীয়ে ভগবানৰ দৰ্শন নোপোৱা
কথাটো অলপ সময়ৰ ভিতৰতে ৰাষ্ট্ৰ হৈ পৰিল। মানুহে ভাবিলে, ৰজাই যেতিয়া অসতী
মাকৰ সন্তান মইনো কোন কূটা? গতিকে ই ক’লে, ‘মই ভগবানৰ দৰ্শন পোৱা নাই’ সিও ক’লে,
‘ময়ো দৰ্শন পোৱা নাই।' এইদৰে কোনেও যে ভগবানৰ দৰ্শন লাভ কৰা নাই কথাটো ৰাজ্যময়
প্ৰচাৰ হৈ গ'ল।
আচলতে কোনেও ভগবানৰ দৰ্শন লাভ কৰা নাছিল, মাথোন অসতী মাকৰ সন্তান বুলি পৰিচয় দিবলৈ টান পাইহে দৰ্শন
লাভ কৰা বুলি প্ৰচাৰ কৰিছিল।
ৰাজ হাউলিলৈ অহাৰ বাটত মন্ত্ৰীয়ে ৰজাক উদ্দেশ্য কৰি ক'লে- বেজাৰ নকৰিব, মহাৰাজ। আচলতে কোনেও ভগবানৰ দৰ্শন লাভ কৰা নাই। নিজৰ লাজ
ঢাকিবলৈহে দৰ্শন কৰা বুলি কৈছিল। আচলতে দৰ্শন লাভ কৰা সম্ভৱো নাছিল। কাৰণ তাত কোনো
ভগবান নাই। এয়া মোৰ জীয়েকৰ কাৰৰ্চাজিহে। মন্ত্ৰীয়ে ভগবান দৰ্শনৰ প্ৰকৃত ঘটনা
বিৱৰি কৈ ক’লে-
মানুহবিলাক যে প্রকৃততে ভেড়াৰ পাল, এতিয়া এই কথাষাৰৰ প্রমাণ পালেনে, মহাৰাজ?
ৰজাই ক’লে- নিশ্চয় পালোঁ। মোৰ এটা অনুৰোধ ৰাখিব লাগিব, মন্ত্ৰী। আপোনাৰ জীয়েকক মই পুত্রবধূ কৰি নিব বিচাৰোঁ। এই
বিষয়ে আপোনাৰ কি মত?
মন্ত্ৰীয়ে হাঁহি মুখে ৰজাৰ প্ৰস্তাৱ সমৰ্থন কৰি ক'লে- মোৰ অমৰ প্ৰশ্নই নুঠে, মহাৰাজ । আপোনাৰ লগত আত্মীয়তা কৰিব পাৰিলে মই নিজকে ধন্য মানিম
আৰু ছোৱালীজনীৰ জীৱনো ধন্য হ’ব।
পাছদিনাৰ পৰাই বিয়াৰ যা-যোগাৰ আৰম্ভ হ'ল আৰু এমাহ পাছত মহা ধুম-ধামেৰে ৰাজকুমাৰ আৰু
মন্ত্ৰী-কন্যাৰ শুভ বিবাহ সম্পন্ন হ'ল।
‘উৰা বাতৰিত কেতিয়াও দিব নালাগে মন-কাণ
বুদ্ধিৰ বলত মন্ত্ৰী-কন্যাই ৰাখিলে দেউতাকৰ মান।।
সমাপ্ত
18

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন