কৰ্কট দুৰাৰোগ্য ব্যাধি নহয়।

 

                 


কৰ্কট দুৰাৰোগ্য ব্যাধি নহয়।

        প্ৰস্তাৱনা - বৰ্তমানৰ পৃথিৱীত কৰ্কট ৰোগ এক ভয়াৱহ ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে। উজুটি খালে, পাণ খোৱাৰ সময়ত  জিভা বা গালত চূণ লাগিলেও আজিকালি কেন্সাৰ হব পাৰে। সম্প্ৰতি স্তন কেন্সাৰৰ প্ৰাদুৰ্ভাৱ বহু পৰিমাণে বৃদ্ধি পাইছে। স্তন কেন্সাৰ নাৰীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। কৰ্কট ৰোগ হলে কোষ অস্বাভাৱিক বৃদ্ধি হয় আৰু ৰোগ ক্ৰমান্বয়ে সমগ্ৰ শৰীৰত বিয়পি পৰে। কৰ্কট কোষে ওচৰৰ টিস্যুবোৰ আক্ৰমণ কৰে আৰু তেজ আৰু লিম্ফ ছিস্টেমৰ জৰিয়তে শৰীৰৰ আন অংশলৈ বিয়পি পৰে। এই বিয়পি পৰা প্ৰক্ৰিয়াটোক মেটাষ্টেছিছ (স্থানান্তকৰণ) বুলি কোৱা হয়।

    কৰ্কট ৰোগৰ দ্বাৰা শৰীৰৰ যিকোনো অংশত আক্ৰান্ত হব পাৰে আৰু ইয়াৰ বহুতো ভিন্ন প্ৰকাৰ আছে এতিয়ালৈকে সমগ্ৰ বিশ্বত ২০০ প্ৰকাৰৰ কৰ্কট ৰোগৰ সন্ধান পোৱা গৈছে।ভাৰতত ১০০ প্ৰকাৰৰ কেন্সাৰ দেখা যায়।

    শৰীৰৰ প্ৰায় যিকোনো অংশ কেন্সাৰ ৰোগত আক্ৰান্ত হব পাৰে। ভাৰতত সঘনাই হোৱা পাঁচটা কৰ্কট ৰোগ হল- স্তন কেন্সাৰ,  জৰায়ুৰ কেন্সাৰ, মুখৰ গহ্বৰৰ কেন্সাৰ, হাওঁফাওঁ কেন্সাৰ, আৰু কলৰেক্টাল। ভাৰতত মহিলাৰ আটাইতকৈ সাধাৰণ কৰ্কট ৰোগ হল স্তন কেন্সাৰ।

    কাৰ্চিনোমা: ছাল বা কোষ আক্ৰান্ত হয় যিয়ে আভ্যন্তৰীণ অংগক প্ৰভাৱিত কৰে।

        চাৰকুমা: হাড়, কাৰ্টিলেজ, চৰ্বি, পেশী, ৰক্তবাহী নলী বা অন্যান্য সংযোগী কোষ আক্ৰান্ত হয়।

        লিউকেমিয়াঃ তেজ গঠন কৰা কোষ আক্ৰান্ত হয়।

        লিম্ফোমা আৰু ময়েলুমা: লিম্ফোচাইটৰ আক্ৰান্ত হয়।

        কৰ্কট ৰোগৰ বিভিন্ন প্ৰকাৰ,  যেনে-

    স্তন কেন্সাৰ।

    হাওঁফাওঁৰ কৰ্কট ৰোগ।

    প্ৰষ্টেট কেন্সাৰ।

    কলষ্টেৰল কেন্সাৰ।

    তেজৰ কৰ্কট ৰোগ।

    প্ৰষ্টেট, থাইৰয়ড, টেষ্টিকুলাৰ, মেলানোমা, স্তন কেন্সাৰ আদি সময়মতে চিকিৎসা কৰিলে ১০০ শতাংশ আৰোগ্য লাভ কৰিব পাৰি।

    কৰ্কট ৰোগ বিভিন্ন কাৰণত হব পাৰে  যদিও ধূমপান আৰু মদ্যপানকে প্ৰধান কাৰণ বুলি চিহ্নিত কৰা হয়।

    পৰিৱেশত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, যেনে এছবেষ্টছ আৰু বেনজিনৰ সংস্পৰ্শলৈ আহিলেও কেন্সাৰ হব পাৰে, লগতে কিছুমান বিশেষ ভাইৰাছৰ প্ৰভাৱেও কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে।

    কৰ্কট ৰোগৰ চিকিৎসা অস্ত্ৰোপচাৰ, কেমোথেৰাপি, ৰেডিঅথেৰাপি আদিৰ দ্বাৰা কৰা হয়।

    আমেৰিকাত কৰ্কট ৰোগ দ্বিতীয় সৰ্বাধিক মৃত্যুৰ কাৰণ যদিও ২০ বছৰৰ আগৰ তুলনাত এতিয়া কৰ্কট ৰোগত মৃত্যুৰ হাৰ বহু কমিছেআগতীয়াকৈ ৰোগ চিনাক্তকৰণ আৰু উদ্ভাৱনীমূলক চিকিৎসাই কেন্সাৰ ৰোগ নিৰাময় আৰু কেন্সাৰ ৰোগীক দীৰ্ঘদিন জীয়াই থকাত সহায় কৰিছে

    কৰ্কট ৰোগ কোনো সংক্ৰামক ব্যাধি নহয় আৰু ই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজে সংক্ৰমিত নহয়। কোনো দাতাৰ পৰা অংগ বা কোষ প্ৰতিস্থাপনৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কৰ্কট ৰোগ বিয়পিব পাৰে। কিন্তু প্ৰতিস্থাপন(ট্ৰেন্সপ্লাণ্ট)ৰ দ্বাৰা (এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ) কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অত্যন্ত কম।

    কিছুমান ভাইৰাছ আৰু বেক্টেৰিয়াই কেন্সাৰ সৃষ্টি কৰিব পাৰে যদিও ইহঁতে সৃষ্টি কৰা কেন্সাৰ সংক্ৰামক নহয়

            কেনেকৈ কেন্সাৰ আক্ৰান্ত হৈছিলোঁ-

    দুবছৰমান আগতে মোৰ ডিঙিত মাছৰ কাঁইট এটা বিন্ধিছিল। প্ৰথমাৱস্থাত এই বিষয়ে বিশেষ গুৰুত্ব নিদিলেও, কিন্তু ডিঙিত অস্বস্তি অনুভৱ কৰাৰ কাৰণে শেষত গুৰুত্ব দিবলৈ বাধ্য হলোঁ। মানুহৰ পৰামৰ্শ মতে প্ৰথম পৰ্যায়ত হোমিঅপেথিক মেডিচিনৰ দুটা কোৰ্চ খালো। হোমিঅপেথিক ঔষধ খোৱাৰ পাছত ঘাঁটো সম্পূৰ্ণ আৰোগ্য নহলেও কিছু পৰিমাণে ভাল হল। কিন্তু সম্পূৰ্ণৰূপে আৰোগ্য নহল। সেয়ে এইবাৰ এলোপেথিক ডাক্তৰৰ ওচৰলৈ গলোঁ৷ ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি ঔষধ লিখি দিলে। সেই ঔষধ খোৱাৰ পাছত ঘাঁটো অলপ কমিলইফালে এটা ডাঙৰ বিড়ম্বনাৰ সৃষ্টি হঔষধ খাই থাকোঁতে মোৰ ডাঙৰ জোঁৱায়েক আব্দুৰ ৰেজ্জাকৰ কৰ্কট ৰোগ ধৰা পৰিল। ফলত আমাৰ মাজু পুতেক ছোলেমান কবীৰে চিকিৎসাৰ বাবে তেওঁক ৭ ডিচেম্বৰত চেন্নাইলৈ লৈ গছোলেমান কবীৰ অষ্ট্ৰেলিয়াৰ এটা ক্ৰুইজ কোম্পানীত কৰ্মৰত। ১৬ ডিচেম্বৰত অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাবে তেওঁৰ ফ্লাইটৰ টিকট বুক কৰা আছে। চাকৰিৰ কথাগতিকে ছোলেমন কবীৰ ১৬ তাৰিখে অষ্ট্ৰেলিয়ালৈ যাবই লাগিব। ইফালে ৰোগীক অকলে এৰি থৈ যোৱাও সম্ভৱ নহয়। অৰ্থাৎ জোঁৱাইক চোৱাচিতা কৰিবলৈ এজন মানুহৰ প্ৰয়োজন। চেন্নাই যাবলৈ বহু লোকৰ সৈতে যোগাযোগ কৰা হল যদিও কোনেও যাবলৈ মান্তি নহগতিকে মই নিজেই ১৫ তাৰিখে চেন্নাইলৈ যাবলৈ বাধ্য হলোঁ৷ চেন্নাইলৈ লৰালৰিকৈ যাব লগা হোৱাত মোৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় কেইটামান ঔষধ অজানিতে এৰি গলোঁ। এসপ্তাহমান পাছত চেন্নাইৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত এৰি যোৱা ঔষধবোৰ পুনৰ খোৱা নহফলত মোৰ ডিঙিৰ চিকিৎসা আধৰুৱা হৈ থাকিল।

    চেন্নাইৰ এপহাস্পতালত আব্দুৰ ৰেজ্জাক আহমেদক কেমো থেৰাপী দিয়া হৈছিল।২২ ঘণ্টা চলিছিল সেই কেমো থেৰাপী কেমো থেৰাপী শেষ হোৱাৰ পাছত তেওঁক সিদিনাই বিমানযোগে ঘৰলৈ লৈ আহিলোঁ। আব্দুৰ ৰেজ্জাকৰ কাৰণে ছয়টা কেমো আৰু পোন্ধৰটা ৰেডিয়েশ্বন নিৰ্ধাৰিত আছিল। আমাৰ ঘৰখন বৰপেটা চহৰৰ নিচেই কাষতবৰপেটাৰ টাটা কেন্সাৰ হস্পিতালৰ পৰা খোজ কাঢ়ি মাত্ৰ দহ মিনিটৰ বাটগতিকে বৰপেটাৰ টাটা মেমৰিয়েল হস্পিতালত আব্দুৰ ৰেজ্জাকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হল। বাকী পাঁচ ৰাউণ্ড কেমোৰ পাছত নিৰ্ধাৰিত ৰেডিয়েশ্বন কেইটাও লোৱা হ কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰোগ ভাল নহল। ২০২৩ চনৰ ২৮ মেত আব্দুৰ ৰেজ্জাকৰ মৃত্যু হ

                আব্দুৰ ৰেজ্জাকৰ মৃত্যুৰ কেইমাহমান পাছত মোৰ ডিঙিৰ ঘাঁ আকৌ দেখা দিলেফলত পুনৰ ডাক্তৰৰ শৰণাপন্ন হলোঁ। ডাক্তৰে এসপ্তাহৰ ঔষধ লিখি দিলে। ঔষধকেইটা খোৱাৰ পাছত এক্স-ৰে কৰিবলৈ কলে। এসপ্তাহ ঔষধ খোৱাৰ পাছত এক্স-ৰে কৰি ৰিপৰ্টটো লৈ ডাক্তৰৰ ওচৰলৈ গলোঁ৷ এক্স-ৰেত কোনো কাঁইট দেখা পোৱা নগল। গতিকে ডাক্তৰে আৰু এসপ্তাহৰ ঔষধ লিখি দিলে। এসপ্তাহ ঔষধ খোৱাৰ পাছতো বেমাৰ ভাল নহ, গতিকে মই আকৌ ডাক্তৰৰ ওচৰলৈ গলোঁ৷ এইবাৰ ডাক্তৰে এণ্ডস্কপি কৰিবলৈ পৰামৰ্শ দিলে। এণ্ডস্কপিৰ বিষয়ে মই অজ্ঞাত। মোৰ সৰুজন পুতেক ৰাহুল আমিন সিদিনা মোৰ লগত আছিল। সি বি-ফাৰ্মত উত্তীৰ্ণগতিকে চিকিৎসাৰ বিষয়ে তেওঁৰ ভাল জ্ঞান আছে। মই তেওঁক এণ্ডস্কপিৰ বিষয়ে সুধিলোঁ তেতিয়া তেওঁ কলে, “এণ্ডস্কপিৰ জৰিয়তে মুখ আৰু পেটৰ ভিতৰৰ অংগসমূহ বিতংভাৱে পৰীক্ষা কৰা হয়।

    মই ক'লো, "আঙুলিৰে স্পৰ্শ কৰিব পৰা কাঁইটৰ বাবে পেটৰ ভিতৰখন পৰীক্ষা কৰাৰ কি দৰ্কাৰ?"

    ৰাহুলে ক'লে- "ডাক্তৰে সমস্যাটো বিতংভাবে জানিব বিচাৰিছে।আন একো নহয়।

    মই ভাবিলোঁ– এয়া পৰীক্ষা-নিৰীক্ষাতো নহয়, মানুহক সৰ্বস্বন্ত কৰাহেতাৰ মানে ডাক্তৰে মোক মূলা খেতি পাইছেআঙুলিৰে চুব পৰা কাঁইট এটাৰ বাবে ইমানবোৰ পৰীক্ষাৰ কি প্ৰয়োজন? এইবোৰ কথা মনতে ভাবি মই প্ৰকাশ্যে ক'লোঁ- "মই এণ্ডস্কপি নকৰোঁ। এওঁতকৈ আন কোনো ভাল ডাক্তৰ নাই নেকি?

    ৰাহুল এম আৰ (মেডিকেল ৰিপ্ৰেজেন্টেটিভ) বহু ডাক্তৰৰ লগত তেওঁৰ চিনাকি। গতিকে তেওঁ ক'লে- আছে" নাথাকিব কিয়? এওঁতকৈও ভাল ডাক্তৰ আছে।

    মই ক'লোঁ- " তেনেহলে কাইলৈ ​​মোক এজন ভাল ডাক্তৰৰ ওচৰলৈ লৈ যাবাকাঁইট হাতেৰে স্পৰ্শ কৰিব পাৰি, তাৰবাবে আকৌ এণ্ডস্কপিৰ কি দৰ্কাৰ?  কাইলৈ বাৰু বেলেগ এজন ডাক্তৰৰ ওচৰলৈকে যাম।

    আলোচনাক্ৰমে পাছদিনা আন এজন ডাক্তৰৰ ওচৰলৈ গলো। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি ওষধ লিখি দি কলে- কাঁইটটো ওলাবলৈ হলে কটা-চিঙা কৰিব লাগিব। কটা-চিঙা কৰিলে বহুত তেজ যাব। কিছু তেজ পেটৰ ভিতৰলৈকো যাব।গতিকে কটা-চিঙাৰ প্ৰয়োজন নাই। ঔষধ লিখি দিলো। ঔষধ খালে কাঁইট লাহে লাহে মঙহৰ লগত মিহলি হৈ যাব। ঔষধবোৰ নিয়মিতভাৱে খাব

    ঔষধ লৈ ঘৰলৈ আহিলোঁ। কিছুদিন ঔষধ খোৱাৰ পাছত বেমাৰ ভাল হোৱা যেন অনুভৱ হল। ফলত স্বস্তিৰ নিশ্বাস পেলালো।

    কিন্তু এমাহ পাছত পুনৰ ঘাঁ দেখা দিলেএইবাৰ বিভিন্নজনৰ পৰামৰ্শ মতে হোমিঅপেথিক ডাক্তৰৰ শৰণাপন্ন হলোঁ আৰু হোমিঅপেথিক মেডিচিনৰ তিনিটা কোৰ্চ ললো। কিন্তু বেমাৰ উন্নতিৰ কোনো লক্ষণ দেখা নগল।, তেতিয়া উপায়ন্তৰ হৈ আগৰ সেই এলোপেথিক চিকিৎসকৰ ওচৰলৈ গলোঁ। এইবাৰ ডাক্তৰে ঘাঁটো পৰীক্ষা কৰি ঔষধ লিখি দি এসপ্তাহ ঔষধ খোৱাৰ পাছত এণ্ডস্কপি কৰিবলৈ পৰামৰ্শ দিলে। এসপ্তাহ ঔষধ খোৱাৰ পাছত ডাক্তৰৰ পৰামৰ্শ অনুসৰি এণ্ডস্কপি কৰিলোএণ্ডস্কপিৰ কৰাৰ সময়ত ক্ষতস্থানৰ পৰা মাংস কাটি বায়প্সিৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰিলে৪ মাৰ্চত বায়প্সিৰ ৰিপৰ্ট আহিল।ৰিপৰ্টত কাৰ্চিনুমা (এবিধ কেন্সাৰ) ধৰা পৰিল

    কৰ্কট ৰোগ! অৰ্থাৎ কেন্সাৰ! নামটো শুনিলেই মানুহ অস্থিৰ হৈ পৰে। গতিকে  কেন্সাৰৰ কথা শুনি লৰা-ছোৱালী আৰু আত্মীয়-স্বজনসকল হতাশ হৈ পৰিল। মই তেনেকৈ হতাশ নহলো যদিও অলপ চিন্তিত হৈ পৰিলো। কাৰণ চিকিতসা হব লাগিব।মানে ডাক্তৰৰ ওচৰলৈ যাব লাগিব। সেয়ে মই চিন্তিত হৈ পৰিলোঁ।

    সন্ধিয়া আমাৰ মাজু পুতেক শ্বাহজাহান, কন্যা আবিদা খাতুন, খুলশালা হাছমত আলী আৰু হাছাৰ আলী,  ভায়েক ওমৰ ফাৰুখ, শ্বাহজাহানৰ শহুৰেক ৰহমত আলী আৰু দুই এজন আমাৰ ঘৰত গোট খাই চিকিৎসাৰ বিষয়ে আলোচনা কৰিলে।

    ডাঙৰ পুতেক ছোহৰাব আলী আহমেদ চাকৰিসূত্ৰে ধুবুৰী জিলাৰ চাপৰ অঞ্চলৰ ৰঙামাটিত থাকেতাতে তেওঁ এখন স্কুলত শিক্ষকতা কৰেফোনযোগে তেওঁৰ সৈতে যোগাযোগ কৰা তেওঁ ক'লে- যিটো ভাল হয়, সেয়া কৰিলেই হল।শুনিছোঁ গুৱাহাটীৰ বি,বৰুৱাৰ চিকিৎসাও হেনো বেয়া নহয়।

    তেতিয়া শ্বাহজাহানে ক'লে- "চিকিৎসাই যদি কৰাব লাগে, তেনেহলে ভাল ঠাইলৈ লৈ যাম।

                তেতিয়া ছোহৰাব আলীয়ে সুধিলে- তেনেহ'লে ক'লৈ নিয়াৰ কথা ভাবিছা?

    শ্বাহজাহানে ক'লে- মুম্বাইলৈ লৈ যাম। শুনিছোঁ, কেন্সাৰৰ চিকিৎসা মুম্বাইতে হেনো আটাইতকৈ ভাল  হয়

    ছোহৰাব আলীয়ে ক'লে- লগত কোন যাব? অকলে যোৱাটোতো সম্ভৱ নহয়। মই যাব নোৱাৰিম। কাৰণ সোনকালে ছুটী নাপাম। ছুটী পালে অৱশ্যে পাছত যাব পাৰিম।

    তেতিয়া শ্বাহজাহানে কলে- মই যাম লগত

    শ্বাহজাহান এখন ব্যক্তিগত খণ্ডৰ কলেজত কাম কৰে। সেয়ে ছোহৰাবে ক'লে- ছুটী দিব নেকি?

    শ্বাহজাহানে ক'লে- দিব। ইতিমধ্যে মই কলেজ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁএমাহৰ ছুটী দিব বুলি কৈছে

    মুম্বাইত এমাহ- অৱশেষত মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত চূড়ান্ত হল। সাধাৰণ ৰোগ নহয়। কৰ্কট ৰোগসেয়ে অতি সোনকালে চিকিৎসা আৰম্ভ কৰিব লাগিবসেয়ে শ্বাহজাহানে লগে লগে বিমানৰ টিকট বুকিং কৰিলে। ২৫ মাৰ্চ সন্ধিয়া ছয় বজাত ফ্লাইট। সেযে পাছদিনা অৰ্থাৎ ২৫ মাৰ্চত দুপৰীয়া ১২ বজাত আমি ঘৰৰ পৰা গুৱাহাটীৰ বৰঝাৰ অভিমুখে ৰাওনা হলো। আমাৰ ফ্লাইট আছিল সন্ধিয়া ৬ বজাত। নিৰ্ধাৰিত সময়ৰ বহু আগতেই আমি বৰঝাৰ পালোঁহি

    আমাৰ বিমানখন সন্ধিয়া ৬:০০ বজাত যাত্ৰা কৰাৰ কথা আছিল যদিও আধা ঘণ্টা পলমকৈ অৰ্থাৎ ৬:৩০ বজাত বিমানখন গুৱাহাটীৰ পৰা বাংগালুৰু অভিমুখে ৰাওনা হকাৰণ আমাৰ গন্তব্যস্থান মুম্বাই আছিল যদিও বিমানখন বাংগালুৰু ভায়া হৈ যাবগুৱাহাটীৰ পৰা বাংগালুৰুলৈ সাড়ে তিনি ঘণ্টাৰ ৰাস্তানিশা ১০ বজাত বাংগালুৰু পালোহিবাংগালুৰুত ফ্লাইট সলনি কৰি মুম্বাই অভিমুখী ফ্লাইটত উঠিলোঁ। পুৱা ১:৩০ বজাত আমি মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিলোঁ৷ বিমানবন্দৰৰ পৰা ওলাই টেক্সি এখন লৈ টাটা মেমৰিয়েল হস্পিতাল পালোঁহি৷ তেতিয়া ৰাতিপুৱা ২:৩০ বাজিছিল চাগে।অনুষ্ঠানটোত মানুহ বেছি নাছিল এঠাইত মাথোন কেইজনমান নিৰাপত্তাৰক্ষী বহি আছিলশ্বাহজাহানে নিৰাপত্তাৰক্ষীকেইজনক সুধি গম পালে যে, ৰাতিপুৱা সাত বজাত অনুষ্ঠানটোৰ কাজ-কাম আৰম্ভ হএকেটা স্থানতে দুটা অনুষ্ঠান আছিল। এটা চৰকাৰী আৰু এটা ব্যক্তিগত খণ্ডৰ অনুষ্ঠানঅনুষ্ঠান দুটা একেটা পৰিসৰত হলেও চৌহদ বেলেগ বেলেগ। আমি চৰকাৰী অনুষ্ঠানৰ নিৰাপত্তাৰক্ষীৰ সৈতে কথা পাতি আছিলোগতিকে শ্বাহজাহানে সুধিলে- ব্যক্তিগত খণ্ডৰ অনুষ্ঠানটো ক'?

    নিৰাপত্তাৰক্ষীয়ে ক'লে- দুয়োটা অনুষ্ঠান একেটা চৌহদতে কেৱল প্ৰৱেশদ্বাৰ বেলেগ বেলেগচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠানৰ পঞ্জীয়নৰ কাম একে ঠাইতে কৰা হয়। হোমী ভাবা অট্টালিকাটোতএইদৰে কৈ নিৰাপত্তাৰক্ষী এজনে আমাক হোমী ভাবা অট্টালিকাটোৰ বাট দেখুৱাই দিলে।

    

    নিৰাপত্তাৰক্ষীৰ নিৰ্দেশমতে শ্বাহজাহান আৰু মই হোমী ভাবা অট্টালিকাৰ গেটত উপস্থিত হ'লো। গেট বন্ধ। গেটৰ ভিতৰত অলপ ভিতৰ ফালে এজন নিৰাপত্তাৰক্ষী বহি আছিলশ্বাহজাহানে নিৰাপত্তাৰক্ষীজনক মাতি সুধিলে- অনুষ্ঠান কেতিয়া খুলিব?  আমি ভিতৰত বহিব পাৰিম নেকি?

    নিৰাপত্তাৰক্ষীজনে গেটৰ ওচৰলৈ আগবাঢ়ি আহি ক'লে- ৰাতিপুৱা সাত বজাত গেটখন খুলিব। তেতিয়া ভিতৰত প্ৰৱেশ কৰিব পাৰিব। তাৰ আগতে আপুনি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। চৰকাৰী অনুষ্ঠানটোৰ বাৰাণ্ডাত বহাৰ ব্যৱস্থা আছে। তাত বহিব পাৰিবনহলে ফুটপাথৰ কৰবাত বহিব লাগিব৷ কোনো সমস্যা নাই। বহুতে ফুটপাথত শুই-বহি ৰাতি কটায়দুদিন অনুষ্ঠান বন্ধ আছিল কাৰণে আজি মানুহ কমনহলে এতিয়া ফুটপাথত বহুত মানুহ থাকিলহেঁতেন৷

    নিৰাপত্তাৰক্ষীয়ে মিছা কথা কোৱা নাছিল। পাছত আমি ইয়াৰ প্ৰমাণ পাইছিলোঁ। আমি পাছত যিদিনা ৰাতিপুৱা হাস্পতাললৈ যাব লগা হৈছিল, তেতিয়া আমি বহুত মানুহ ফুটপাথত শুই-বহি থকা প্ৰত্যক্ষ কৰিছিলো

    আমি চৰকাৰী অনুষ্ঠানটোলৈ উভতি আহিলোঁ৷ এজন নিৰাপত্তাৰক্ষী এজনে ওচৰতে থকা বাৰাণ্ডা এখনলৈ আঙুলিয়াই ক'লে- যাওঁক, সৌ বাৰাণ্ডাতে বহি থাককগৈ"

    বাৰাণ্ডাখন ওচৰতে। কেই খোজমানৰ দূৰত্ব। বাৰাণ্ডাটোলৈ আহি দেখিলো, ইতিমধ্যে বাৰাণ্ডাত বহু মানুহ শুই আছে। পোন্ধৰ-বিশজনমান হব। বহুতে গভীৰ টোপনিত লালকাল দি শুই আছিলএজন মানুহ, নাজানো কোন হয়এনে লাগিল যেন ৰোগী বা ৰোগীৰ কোনো আত্মীয় নাই। অনুষ্ঠানটোৰে কোনোবা কৰ্মচাৰী হব হয়তোমানুহজনে চকী এখনলৈ আঙুলিয়াই মোক উদ্দেশ্য কৰি ক'লে- আপুনি কি চাই আছে? যাওঁক, চকীখনত বহি পৰক।"

    মই মানুহজনে আঙুলিয়াই দেখুৱা চকীখনত বহি পৰিলোঁসিদিনা ৰাতিপুৱা ১০ বজাত ঘৰৰ পৰা ভাত খাই ওলাই আহিছিলোৰাস্তাত একো খোৱা নাছিলোঁ। ঘৰৰ পৰা কিছু মুৰি লৈ আহিছিলোঁ। বাঙ্গালোৰ বিমানবন্দৰত বহি থাকোঁতে তাৰে কিছু মুৰি খোৱাৰ বাহিৰে একো খোৱা নাছিলোঁ। গতিকে শ্বাহজাহানে ক'লে- মোৰ বৰ ভোক লাগিছে। চাওঁ, খাদ্য যোগাৰ কৰিব পাৰোঁ নেকি

    মই ক'লো- এই ৰাতিখন খাদ্য ক'ত পাবা?

    শ্বাহজাহানে ক'লে- এজন মানুহে কৈছে, যে অলপ দূৰতে ফুটপাথত এখন দোকান খোলা আছে।তালৈ গৈ চাওঁ, কিবা পাওঁ নেকি! এই বুলি কৈ শ্বাহজাহানে খাদ্যৰ সন্ধানত ওলাই গল।

    কিছুসময় পাছত শ্বাহজাহানে এটি পাওৰুটিলৈ উভতি আহিলসি ৰুটিটো মোৰ হাতত দি ক'লে- ৰুটিটো খাই লওঁক"

    মই ক'লো- মই অকলে খাম নেকি? তুমি.....

    শ্বাহজাহানে ক'লে,- দুটা ৰুটি কিনিছিলোঁ। বাটত আহি থাকোঁতে মই এটা ৰুটি খালোঁ৷ তুমি অকলেই খোৱা। মই এতিয়া গৈ গেটৰ সন্মুখত বহিম। মানুহ আহিবলৈ আৰম্ভ কৰিছেইএতিয়াৰ পৰা বহি নাথাকিলে বহু পিছ পৰি যাম। এই বুলি কৈ শ্বাহজাহান গুচি গল।

    তেতিয়া ৰাতি চাৰিটামান বাজিছিল চাগে। ঘড়ী নাই। মোবাইলত সময় চাব ​​লাগেমোবাইলটো নেদেখা কাৰণে সঠিক সময় কিমান বাজিছিল কব নোৱাৰিলো। ৰাতিপুওৱাৰ কিছু সময় আগতে এজন মানুহে আহি ক'লে- যিসকলে শাৰীত থিয় হ'ব বিচাৰে, যাওঁক, শাৰীত থিয় হওকগৈনহলে পিছ পৰি যাব।

                মানুহজনৰ কথা শুনি কিছুমান মানুহ  বাৰাণ্ডাৰ পৰা ওলাই আহিল। মইও চকীখন এৰি বেগটো লৈ মানুহবিলাকৰ পিছে পিছে ওলাই আহিলোঁ, শ্বাহজাহানে কি কৰিছে চাবলৈ। হোমী ভাবা গেটৰ সন্মুখত উপস্থিত হৈ দেখিলো, লাইন ইতিমধ্যে বহুত দীঘল হৈ গৈছে। শ্বাহজাহান লাইনৰ সন্মুখত, ৰুমাল এখন পাৰি বহি আছে। মোক দেখি সি ক'লে- এতিয়াই কিয় আহিছে? এতিয়াও সাত বাজিবলৈ বহু দেৰি আছে।

মই কলোঁ- চাবলৈ আহিলো তুমি কি কৰি আছা। অকলে বহি থাকি ভাল লগা নাছিল সেয়ে চাবলৈ আহিলো

শ্বাহজাহানে কলে- যোৱা,ত বহি আছিলা, ততে বহি থাকাগৈ।

মই সেমেনা সেমেনি কৰি কলো- তালৈ গৈ বোধহয় এতিয়া বহাৰ ঠাই নাপাম। তাতকৈ ইয়াতেই কৰবাত বহি থাকোঁগৈ।

শ্বাহজাহানে কলে- যোৱা, বা যাত্রীৰ বহাৰ কাৰণে ৰাস্তাৰ দাঁতিতে বেঞ্চ পাতা আছে তাতেই কৰবাত বহি থাকাগৈ।

ওচৰতে ফুটপাথ বাস্ট্যাণ্ড বাস্ট্যাণ্ডত দুই ঠাইত দুটি বেঞ্চ পাতা আছিল তাতে এটি বেঞ্চত এটি খালী আসন পাই মই তাত বহি পৰিলো।

    সাত বাজিলগেট খোল খালে। আমি বোধহয় তিনি নম্বৰত গেটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰলৈ সোমাই গৈ ডিজিটেল চিৰিৰে দুমহলীয়ালৈ উঠি আহিলোঁ৷ আমি নতুন মানুহগতিকে আমি নাম পঞ্জীয়ন কৰিব লগা হল৷ দুই ধৰণৰ পঞ্জীয়নৰ সুবিধা আছেব্যক্তিগত আৰু ৰাজহুৱা। ব্যক্তিগতখণ্ডত পঞ্জীয়নৰ বাবে ১২ হাজাৰ টকা আৰু চৰকাৰী পঞ্জীয়নৰ বাবে ৪ হাজাৰ টকাব্যক্তিগত খণ্ডত মানুহ কম, গতিকে কাম অলপ খৰকৈ হৈ যায়। চৰকাৰী খণ্ডত মানুহৰ সংখ্যা বেছি,  গতিকে কাম অলপ লাহে লাহে হয়।

    আমি ইতিমধ্যে ব্যক্তিগতখণ্ডত চিকিৎসা হম বুলি সিদ্ধান্ত লৈছিলোঁ। গতিকে ১২ হাজাৰ টকা জমা দি ব্যক্তিগতখণ্ডত নাম পঞ্জীয়ন কৰিলোঁ। আমাৰ পঞ্জীয়নৰ কাম ২৬/২৪ মাৰ্চৰ পুৱা প্ৰায় ৮:৩০মান বজাত সম্পূৰ্ণ হল। কামবোৰ অতি খৰতকীয়াভাবে কৰা হয়। কৰ্মচাৰীসকলে অতি নিষ্ঠাৰে সৈতে নিজৰ নিজৰ কৰ্তব্য পালন কৰে। বহু ৰোগী। নহলে ইমান সোনকালে পঞ্জীয়ন কৰা সম্ভৱ নহলহেঁতেন৷

    আমাক এটা ফাইল দিয়া হল। ফাইলটোত ডাক্তৰৰ নাম লিখা আছিল। সম্পূৰ্ণ নাম নহয়। সংক্ষিপ্ত নাম। ডাঃ চিডি। গতিকে ডাক্তৰৰ সম্পূৰ্ণ নাম মই নাজানো। ইফালে ডাক্তৰক চিনি পোৱাৰো কোনো উপায় নাছিল। কাৰণ তেওঁ সদায় মাস্ক পিন্ধি থাকিছিলডাক্তৰজন হিন্দী ভাষী।

    আমি প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰে ৰাতিপুৱা ন বজাত চিকিৎসকক লগ ধৰিব পাৰিমএনেকুৱাই নিৰ্দেশনা দিয়া আছিল ফাইলটোত। আমি জলপান গ্ৰহণ কৰি দ্বিতীয় মহলালৈ উঠি গৈ কাউণ্টাৰত ফাইল জমা দি বিয়াৰাৰ আহ্বানৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। কাৰণ বিয়াৰাৰে ৰোগীৰ নাম কাঢ়ি মাতিব বুলি কাউণ্টাৰৰ পৰা আমাক জনাই দিয়া হৈছিল। প্ৰায় ৯:৩০মান বজাত বিয়াৰাৰে মোৰ নাম কাঢ়ি মাতিলেআমি ডাক্তৰৰ চেম্বাৰলৈ সোমাই গলো। ডাক্তৰে মোক গুৰুত্বসহকাৰে পৰীক্ষা কৰিবলৈ ধৰিলে। এবাৰ পৰীক্ষা কৰাৰ পাছত কিছু সময় বিৰতি লৈ আকৌ এবাৰ পৰীক্ষা কৰিলে। মোৰ ধাৰণা হল যেন, ডাক্তাৰে ৰোগ চিনাক্ত কৰিবলৈ অসুবিধা পাইছেযিয়ে হওঁক পাছত ডাক্তৰে তেজ, এম আৰ আই আৰু  চি টি স্কেন কৰিবলৈ নিৰ্দেশ দিলে। কৰ্কট ৰোগৰ চিকিৎসাত তেজৰ পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। প্ৰায় প্ৰতিটো পৰীক্ষাৰ আগতে তেজ পৰীক্ষাৰ প্ৰয়োজন হয়। মই কিমানবাৰ যে পৰীক্ষাৰ বাবে তেজ দিছোঁ সেয়া এতিয়া মোৰ মনত নাই। কমেও বিশবাৰমান হব কিজানিমূল চিকিৎসাৰ আগতে বৃক্ক পৰীক্ষা কৰিব লাগে। পৰীক্ষা-নিৰীক্ষাৰ বাবে বহু সময় খৰচ কৰিব লগা হয়। ধৰক এমাহমান। মোৰ প্ৰায় এমাহ সময় লাগিছিল পৰীক্ষা-নিৰীক্ষা কৰিবলৈ

    তেজৰ পৰীক্ষা অতি সহজে হৈ গতেজ দিয়াৰ চাৰি ঘণ্টা পাছত তেজ পৰীক্ষাৰ ৰিপোৰ্ট আহিল। ৰিপোৰ্ট শ্বাহজাহানৰ মোবাইলত আহিলকাৰণ সকলো প্ৰকাৰ যোগাযোগৰ বাবে শ্বাহজাহানৰ মোবাইল নম্বৰ দিয়া হৈছিল। এম আৰ আইৰ তাৰিখ আছিল ৩ এপ্ৰিল আৰু চিটি স্কেনৰ তাৰিখ আছিল ৬ এপ্ৰিল। সিদিনা আছিল ২৬ মাৰ্চঅৰ্থাৎ ২৭ তাৰিখৰ পৰা ৩ এপ্ৰিললৈ কোনো কাম নাই। এনেয়ে বহি থাকিব লাগিব।

    ইফালে আমাৰ উভয়ৰে খুবেই ভোক লাগিছিল। ২৫ মাৰ্চ দহ বজাত ঘৰৰ পৰা ভাত খাই গৈছিলো। মাজত বাঙ্গালোৰত মুৰি আৰু টাটা মেমোৰিয়াল হাস্পতালৰ কেণ্টিনত জলপান গ্ৰহণ কৰিছিলো। গতিকে ফুটপাথৰ হোটেল এখনত ভাত খাই ভাড়াঘৰৰ সন্ধানত ৰাওনা হলোঁ৷ ইতিমধ্যে শ্বাহজাহানে ভাড়াঘৰৰ বাবে ফোনযোগে এজন লোকৰ সৈতে যোগাযোগ কৰিছিল। মানুহজনে মমতা বিল্ডিংৰ ঠিকনা দিছিলটাটা মেমৰিয়েল হাস্পতালৰ পৰা খোজ কাঢ়ি পোন্ধৰ মিনিটৰ বাট বিল্ডিংটো। ঠাইখনৰ নাম শিউৰী। আমি মোবাইলত ৰাস্তাৰ সন্ধান কৰি খোজ কাঢ়ি মমতা বিল্ডিং পালোঁহি। ২৩ তলা বিশিষ্ট অট্টালিকা। শ্বাহজাহানে যোগাযোগ কৰা মানুহজনৰ নাম ছফিকুল। ঘৰ পশ্চিম বংগৰ মুৰ্চিদাবাদ জিলাত। তেওঁ মমতা বিল্ডিংৰ সন্মুখতে আমাৰ কাৰণে অপেক্ষা কৰি আছিলতেওঁ আমাক লিফ্টেৰে ১৭ নং মহলালৈ লৈ গৈ এটা ফ্লেট দেখুৱালে। ফ্লেটটো পৰিষ্কাৰ-পৰিচ্ছন্ন। ফ্লেটত ৰন্ধা-বঢ়া, থকা-মেলা আৰু পানীৰ পৰ্যাপ্ত সুবিধা আছিল। ফ্লেটটো মোৰ ভাল লাগিল। ফলত ছফিকুলৰ লগত ভাড়া বন্দৱস্ত কৰা হভাড়া প্ৰতিদিনে ১২০০ টকা। ছফিকুলে কথা অলপ বেছিকৈ কয়। নিজকে অতি ন্যায়পৰায়ণ আৰু ধাৰ্মিক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰেকিন্তু মানুহজন আচলতে স্বাৰ্থপৰ। স্বাৰ্থ অবিহনে কথা নকয়। তাত কেইদিনমান থকাৰ পাছত মানুহজনৰ চৰিত্ৰ বুজিব পাৰিছিলোঁমানুহজনৰ এজন পুতেক আছিল। নাম ৰায়হান শ্বেখ। মুম্বাইৰ এখন স্কুলত ক্লাছ চেভেনত পঢ়ি আছে। ল'ৰাজন বৰ ভদ্ৰ আৰু অমায়িকসি কথা কম কয়পিতৃৰ ঠিক বিপৰীত। ঘৰুৱা কিবা অসুবিধাৰ বাবে ল'ৰাজন কিছুদিন আমাৰ লগত ৰুম শ্বেয়াৰ কৰি আছিল।

    মই বৰ ভাগৰুৱা অনুভৱ কৰি আছিলোসেয়ে গা-পা ধুই ভাগৰ পলুৱাবলৈ বুলি বিছনা পাৰি শুই পৰিলোঁ। শ্বাহজাহানে গা ধুই খাদ্য আনিবলৈ ওলাই গ, কাৰণ ফুটপাথৰ হোটেলখনৰ খাদ্য সিমান ভাল নাছিল।গতিকে চাহিদা অনুসৰি পেট পূৰাই খাব পৰা নাছিলোঁ।

    কিছুসময় পাছত শ্বাহজাহানে চাউল, মচুৰ দাইল, আলু, আৰু ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ আহি ৰান্ধিবলৈ লাগি গতাৰ বন্ধাৰ অভ্যাস আছিল। ছাত্ৰাৱস্থাত হোষ্টেলত থাকোঁতে সি ৰান্ধি-বাঢ়ি খাইছিল।খিচুৰি। সহজ হব কাৰণে ময়ে তেওঁক খিচুৰি ৰান্ধিবলৈ কলোঁ খিচুৰি হোৱাৰ পাছত হাত-মুখ ধুই পেট পূৰাই খিচিৰি খালোঁ। যথেষ্ট ভোক লাগিছিল বাবে খিচিৰিৰ সোৱাদ খুবেই ভাল লাগিলখিচিৰি খাই আকৌ শুই পৰিলোঁসন্ধিয়া চাৰিমান বাজিছিল চাগেফ্লেটৰ মালিকজন ছোলাঙ্কি উপাধিৰ এজন মাৰাঠী মানুহ। তেওঁ চাৰিমান বজাত আহি আমাক পানীৰ বিষয়ে ভালদৰে বুজাই দিলে। ৰাতিপুৱা সাত বজাত পানী আহিব, তেতিয়া বিভিন্ন পাত্ৰত পানী সংৰক্ষণ কৰি ৰাখিব লাগিব।পানী সংৰক্ষণ কৰি ৰখাৰ কাৰণে বাল্টি, গামলাসহ কেইটাও পাত্ৰ আছিল।

    ২৬ মাৰ্চৰ পৰা ২৩ এপ্ৰিললৈকে আমি ফ্লেটটোত আছিলোঁ ফ্লেটত থকা দিনকেইটাত শ্বাহজাহানে ৰাতিপুৱা তললৈ নামি গৈ প্ৰায়ে মেদৱাৰা আৰু ডোচা আনিছিল মেদৱাৰা আৰু ডোচাৰে আমি ব্ৰেকফাষ্ট কৰিছিলোঁ।

    পাছৰ দুদিন মই মোৰ কোঠালিটোত শুই-বহি বহি কটালোঁ। শ্বাহজাহানে অৱশ্যে মাজে-সময়ে নামি গৈ অত তত ঘূৰি ফুৰিছিল।মই কিন্তু কলৈকো যোৱা নাছিলো।ৰুমতে শুই-বহি সময় পাৰ কৰিছিলো। আমাৰ বাবে নিৰ্ধাৰিত ডাক্তৰজন প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰে বহেগতিকে ২৯ তাৰিখ শুকুৰবাৰে তেজৰ ৰিপৰ্ট লৈ ডাক্তৰৰ ওচৰলৈ গলোঁ। তেজৰ ৰিপৰ্টটো চাই ডাক্তৰে আমাক বায়স্পি স্লাইডখন আনিবলৈ কলে। বায়স্পি স্লাইডখন গুৱাহাটীত আছিল। সেই সময়ত আমাৰ সৰুটো পুতেক ৰাহুল আমিন ছান ফাৰ্মা কোম্পানীত কৰ্মৰত আছিল। সেইবাবে তেওঁ গুৱাহাটীত আছিল। গতিকে স্লাইডৰ বাবে ৰাহুলৰ সৈতে যোগাযোগ কৰা হল। বায়স্পি কৰা অনুষ্ঠানৰ লগত যোগাযোগ কৰি ৰাহুলক বায়স্পিৰ ৰিপৰ্ট আমাৰ ৰুমৰ ঠিকনালৈ পঠিয়াই দিবলৈ কলোঁ৷ আমাৰ ৰুমৰ ঠিকনা ৰাহুলৰ হোৱাটচএপত পঠাই দিয়া হ-ল।

   


৩ এপ্ৰিল বুধবাৰ।জুবিলী বিল্ডিঙলৈ গৈ এম আৰ আই কৰিলোঁএম আৰ আই কৰাৰ সময়ত অনুষ্ঠানে প্ৰদান কৰা কাপোৰ পিন্ধিব লাগেএম আৰ আই আচলতে এটা অতি ৰিস্কি (বিপজ্জনক) কাম। কোনো ধৰণৰ ধাতু (তাবিজ) শৰীৰত থাকিব নালাগে। এম আৰ আই পৰীক্ষাই মানৱ শৰীৰৰ অংগ, হাড়, পেশী, ৰক্তবাহী নলীকে ধৰি প্ৰায় প্ৰতিটো আভ্যন্তৰীণ অংগৰ বিশদ ছবি প্ৰস্তুত কৰে। এম আৰ আই স্ক্যানাৰত বৃহৎ চুম্বক আৰু ৰেডিঅতৰংগ ব্যৱহাৰ কৰি শৰীৰৰ ছবি তৈয়াৰ কৰা হয়। এই ছবিসমূহে চিকিৎসাজনিত অৱস্থা নিৰ্ণয় আৰু চিকিৎসাৰ পৰিকল্পনা কৰাত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে এমআআই মেচিন দেখিবলৈ সৰু ট্যানেলৰ দৰে

    এমআরআই মেশিন এটি ডাঙৰ  নলাকার (টিউব-আকৃতি) মেচিন, যিয়ে ৰোগী কেউকাষে এক শক্তিশালী চৌম্বক ক্ষেত্র তৈয়াৰ কৰে আৰু এটি স্ক্যানাৰ জৰিয়তে ৰেডিও তঙ্গ স্পন্দন পঠায়

   


মোৰ চিটি স্ক্যেনৰ তাৰিখ ছিল ছয় এপ্রিল নিৰ্ধাৰিত তাৰিখত চিটি স্ক্যেন কৰোৱা হচিটি স্ক্যেন, বা কম্পিউটেড টমোগ্রাফি স্ক্যেন হল এক ডায়গনস্টিক ইমেজিং পদ্ধতি যিয়ে শৰীৰৰ ভিতৰৰ বিশদ ছবি তৈয়াৰ কৰিবলৈ এক্স-ৰে আৰু এটি কম্পিউটাৰ ব্যবহা কৰেৰোগ বা আঘাত নির্ণয় কৰা, চিকিৎসাৰ পৰিকল্পনা কৰা আৰু চিকিৎসা কিমান ভালদৰে কাম কৰিছে সেয়া পর্যবেক্ষণ কৰাৰ কাৰণে চিটি স্ক্যেন কৰা হয়

চিটি স্ক্যেন প্রচলিত (স্টান্ডার্ড) এক্স-ৰেতকৈ বিস্তাৰিতভাবে তথ্য প্রদান কৰে চিটি স্ক্যেন হাড়, পেশী, অঙ্গ-প্ৰত্যঙ্গ, ধমনী আৰু চর্বিৰ বিস্তাৰিত চিত্র প্রদর্শন কৰিব পাৰে

    ৯ তাৰিখ মংগলবাৰে ডাক্তৰৰ লগত দেখা কৰিলো। সিদিনা এজন অপেক্ষাকৃত বৃদ্ধ ডাক্তৰে মোক বিভিন্ন ধৰণে পৰীক্ষা-নিৰীক্ষা কৰি ক'লে-বেমাৰটো সৰু। চিন্তাৰ কোনো কাৰণ নাই। ইয়াক সহজে ঠিক কৰিব পৰা যাবপ্ৰয়োজন হলে অস্ত্ৰোপচাৰ কৰা হব। এইদৰে কোৱাৰ পাছত তেওঁ ক্ষতস্থান বিতংভাৱে পৰীক্ষা কৰাৰ কাৰণে আন এগৰাকী ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। সেই গৰাকী ডাক্তৰৰ লগত যোগযোগ কৰাত ডাক্তৰে মোক ১৬ এপ্ৰিলত জুবিলী বিল্ডিংত লগত ধৰিবলৈ কলে। ১৬ এপ্ৰিলত জুবিলী বিল্ডিংত ডাক্তৰক লগ ধৰাত ডাক্তৰে মোক এটা কোঠালিত নি অচেতন কৰি ক্ষতস্থান পৰীক্ষা কৰি মোৰ ফাইলত টোকা লিখি দিলে। সিদিনা আছিল মংগলবাৰসেয়ে আমি সিদিনাই ফাইলটো আনি আমাৰ কাৰণে নিৰ্ধাৰিত ডাক্তৰৰ ওচৰত জমা দিলোঁ। ডাক্তৰে ফাইলটো লৈ চাৰ্জিকেল অংকলজিষ্টৰ ওচৰলৈ গৈ বেমাৰৰ বিষয়ে আলোচনা কৰিলে। চাৰ্জিকেল অংকলজিষ্ট চিকিৎসকগৰাকীয়ে ফাইল চাই পৰ্যালোচনা কৰি অস্ত্ৰোপচাৰ কৰা সম্ভৱ নহব বুলি সমিধান দিয়াত আমাৰ বাবে নিৰ্ধাৰিত ডাক্তৰে আমাক ফোন কৰি মাতি নি অস্ত্ৰোপচাৰ কৰা সম্ভৱ নহব জনাই আমাক কেমোথেৰাপি ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। কেমোথেৰাপি ডাক্তৰে ৰিপৰ্টটো চাই মোক ছুনুগ্ৰাফী আৰু কিডনী টেষ্ট কৰিবলৈ লিখি দিলে। ছুনুগ্ৰাফী আৰু কিডনী টেষ্টৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰাত চিকিৎসকে এই পৰীক্ষাসমূহ কৰিবলৈ এসপ্তাহ সময় লাগিব বুলি জনালেইমান দীৰ্ঘদিন পৰীক্ষাৰ বাবে ৰৈ থকাটো আমাৰ বাবে অসুবিধা হব কাৰণে আমি আমাৰ বাবে নিৰ্ধাৰিত ডাক্তৰৰ ওচৰলৈ আহি আমাৰ অসুবিধাৰ কথা জনালো- ছাৰ, আমি ইয়াত বহুদিনৰ পৰা আছোঁপ্ৰায় এমাহ। আমাৰ চিকিৎসা এতিয়াও আৰম্ভ হোৱা নাই। এনেকৈ পলম কৰিলে ভৱিষ্যতে আমাৰ অসুবিধা হব পাৰে। সেয়ে যিমানদূৰ সম্ভৱ সোনকালে পৰীক্ষাকেইটা কৰাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়।

    তেতিয়া ডাক্তৰে সুধিলে-পৰীক্ষাকেইটা কৰিবলৈ কিমান সময় লাগিব বুলি ডাক্তৰে কৈছে?

    সিদিনা মোৰ লগত আছিল ৰাহুল আমিনৰাহুল আমিন সিদিনাই ৰাতি ঘৰৰ পৰা মুম্বাই পাইছিলহি। ৰাহুল মুম্বাই পোৱাৰ পাছত শ্বাহজাহান সিদিনাই ৰাতিপুৱা ঘৰলৈ গুচি আহিছিল। গতিকে সিদিনা শ্বাহজাহানৰ সলনি ৰাহুল আমিন আছিল মোৰ লগত

    ৰাহুলে ক'লে- এসপ্তাহ লাগিব বুলি কৈছে

    তেতিয়া ডাক্তৰে ক'লে- তেনেহলে বাহিৰত কৰবাত পৰীক্ষা কৰোৱাগৈ"

    ৰাহুলে ক'লে- বাহিৰত পৰীক্ষা কৰালে কোনো সমস্যা নহয়তো?

    ডাক্তৰে ক'লে,- নাই নাই, বাহিৰত কৰালেও কোনো সমস্যা নহয় বাহিৰত পৰীক্ষাবোৰ কৰালে ৰিপৰ্টবোৰ অৱশ্যেই সোনকালে উপলব্ধ হব।

    ৰাহুলে সুধিলে- ছাৰ, ছুনুগ্ৰাফী আৰু কিডনী টেষ্ট ক'ত কৰাব পাৰিম?

    বাহিৰলৈ গৈ বিয়াৰাৰসকলক সোধকগৈ, তেওঁলোকে কব পাৰিব

    টাটা ইনষ্টিটিউটৰ বিয়াৰাৰসকল বহুত ভাল। ৰোগীৰ লগত আন্তৰিকতা আৰু সহযোগিতাপূৰ্ণ আচৰণ কৰে।

    ডাক্তৰৰ চেম্বাৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পাছত ৰাহুলে বেয়াৰাৰ এজনক লগ ধৰি পৰীক্ষাকেইটা বাহিৰত কত কৰাব পৰা যাব এই বিষয়ে জানিব বিচাৰিলে।

    তেতিয়া বিয়াৰাৰজনে বাহিৰত কত কত পৰীক্ষাকেইটা কৰাব পৰা যাব সেই বিষয়ে তথ্য দিলে।

     


 বেয়াৰাৰ তথ্য অনুসৰি ৰাহুল আমিনে গৈ টাটা মেমৰিয়েল হাস্পতালৰ সমীপৰ ভোলৱাদা পেৰেল, মুম্বাই-এ ছুনুগ্ৰাফীৰ সুবিধা থকাৰ কথা জানিব পাৰিলে। তাত প্ৰতিদিন ডাক্তৰ নবহে। মাজে সময়ে বহে। ১৮ তাৰিখে ডাক্তৰ বহিব বুলি অনুষ্ঠানটোৰ পৰা জনালে।

    তেতিয়া ৰাহুলে সুধিলে- কিডনী টেষ্টৰ সুবিধা ক'ৰ পৰা পাম ?

    ৰাহুলে অনুষ্ঠানটোৰে এজন লৰাৰ লগত কথা পাতি আছিল। ল'ৰাটোৱে ক'লে,- অমুক ঠাইত গৈ বিচাৰিব পাৰে তাত থাকিব লাগে!

    ৰাটোৱে দিয়া নিৰ্দেশনা অনুসৰি ৰাহুলে অনুষ্ঠানটো বিচাৰি গ আৰু মই অকলে আমাৰ ৰুমলৈ আহিলো৷

    প্ৰায় এঘণ্টামান পাছত ৰাহুল ৰুমলৈ আহিল। মই সুধিলোঁ-কি হ', অনুষ্ঠানটো বিচাৰি পালা নেকি?"

    ৰাহুলে ক'লে- হয় পাইছো।হ'ব বুলি কৈছেকিন্তু অনুষ্ঠানটোত সেই সুবিধা নাই। বেলেগ ঠাইত সুবিধা আছে। মানুহজনে খবৰ কৰি জনাব। ১৮ তাৰিখে যাবলৈ কৈছে

    আমি ১৮ তাৰিখে নিৰ্ধাৰিত সময়ত ছুনুগ্ৰাফী কৰা অনুষ্ঠানটোলৈ গলো। ড° আশীষ জৈনে ছুনুগ্ৰাফী কৰিলে

    ছুনুগ্ৰাফীৰ ৰিপৰ্ট এঘণ্টা পাছত দিয়াৰ কথা জনালেসেয়ে মই অনুষ্ঠানটোৰ ওয়েটিং ৰুমত বহি অপেক্ষা কৰিবলৈ ধৰিলো আৰু ৰাহুল আমিন কিডনী পৰীক্ষাৰ ডাক্তৰৰ সন্ধানত ওলাই গল। আধা ঘণ্টা পাছত ছুনুগ্ৰাফীৰ ৰিপৰ্ট আহিলৰিপৰ্টটো লৈ মই অনুষ্ঠানটোৰ পৰা ৰুমলৈ বুলি ওলাই আহিলো ৰাস্তা পাই দেখিলো ৰাহুল ফুটপাথত থিয় হৈ আছে। ৰাহুলক দেখি মই সুধিলোঁ- কিডনী টেষ্টৰ সুবিধা পালা নেকি?

    ৰাহুলে ক'লে- পালোঁকিন্তু মানুহজন এতিয়া অফিচত নাই,  আধা ঘণ্টা পাছত যাবলৈ দিছে। মোৰ লগত ফোনত কথা হৈছে। এইদৰে কৈ ৰাহুলে ক'লে,- আজি ৰাতিপুৱা একো খোৱা নাই।বলক, কিবা এটা খাই লওঁ।

    আমি ওচৰৰে ফুটপাতৰ দোকান এখনলৈ গলো। ৰাহুলে মেদৱাৰা খালে আৰু মই দোচা খালোঁ। দোচা খাবলৈ টেঙা।সম্ভৱতঃ চাউল বা ময়দা পচাই তৈয়াৰ কৰে। মেদৱাৰা খাই ৰাহুলে মানুহজনক বিচাৰি গল আৰু মই ৰুমৰ ফালে ৰাওণা হলো। ডোচা খোৱাৰ পাছত মোৰ পেটটো গুৰগুৰ কৰিবলৈ ধৰিলে। অৰ্থাৎ পায়খানাৰ বেগ আহিলটেঙা দোচা খোৱাৰ বাবেই যে এনেকোৱা হৈছে মোৰ উপলব্ধি কৰিবলৈ অসুবিধা নহমই যিমানদূৰ সম্ভৱ খৰ খোজত ৰুমৰ ফালে আগবাঢ়িলোঁ। আধা বাটমান অহাৰ পাছত পায়খানাৰ বেগ খুবেই অসহনীয় হৈ পৰিলকাপোৰ নষ্ট হোৱাৰ উপক্ৰম হল। ভাগ্য ভাল যে কাষতে স্বচ্ছ ভাৰত অভিযানৰ লেট্ৰিন পালোঁ। এই সুবিধা মুম্বাইৰ প্ৰায় সকলো ঠাইতে উপলব্ধ। বৰ ভাল ব্যৱস্থা। পথচাৰীৰ বাবে ই অতি উপকাৰী। ৫ টকা দি টয়লেট ব্যৱহাৰ কৰাৰ পাছত মই ৰুমলৈ আহিলোঁ। ৰাতিপুৱা গা ধুই যোৱা নাছিলোসেয়ে মই গা ধুই বিছনাত গা পেলাই জিৰণি লবলৈ ধৰিলোঁ। প্ৰায় এঘণ্টামান পাছত ৰাহুল আহিল। তেওঁ আহি ক'লে- কিডনী টেষ্টৰ সুবিধা পোৱা গৈছে। কাইলৈ ​​ৰাতিপুৱা ৮ বজাৰ ভিতৰত গৈ নাম পঞ্জীয়ন কৰাব লাগিব কিডনী টেষ্ট কৰা অনুষ্ঠানটোৰ বিভিন্ন ঠাইত এজেণ্ট আছেমই যোগাযোগ কৰা মানুহজন অনুষ্ঠানটোৰ এজেণ্ট।তেওঁৰ সৈতে যোগাযোগ কৰি টকা জমা দিয়া হৈছে।

   


অনুষ্ঠানৰ স্থান সৰ্বোদয় হাস্পতাল প্ৰেমিচেচ, এল বি এছ মাৰ্গ, ঘাটকুপাৰ মেট্ৰষ্টেচন, ঘাটকুপাৰ(পশ্চিম), মুম্বাই-৪০০০৮৬। অনুষ্ঠানৰ নাম জীয়ো। লাল বাহাদুৰ শাস্ত্ৰী মাৰ্গৰ ওচৰত। পিছদিনা ৰাতিপুৱা আঠ বজাৰ ভিতৰত অনুষ্ঠানলৈ গৈ নাম ৰেজিষ্টাৰ কৰিলোঁ। আধা ঘণ্টাৰ পাছত মোক মাতি অনুষ্ঠানটোৰ ভিতৰলৈ লৈ গল। ভিতৰলৈ যোৱাৰ পাছত তেওঁলোকে মোক অনুষ্ঠানৰ কাপোৰ পিন্ধিবলৈ দিলে। কাপোৰৰ লগতে মোক ডায়েপাৰো পিন্ধিবলৈ দিলে। অনুষ্ঠানৰ পৰা দিয়া কাপোৰ পিন্ধাৰ পাছত মোক অনুষ্ঠানটোৰ এজন মানুহে ভিতৰ ফালৰ অন্য এটা ৰুমলৈ লৈ গল।মোক ৰুমটোত বহিবলৈ দি মানুহজন ওলাই যোৱাৰ পাছত এজনী নাৰ্চে আহি মোক এক জগ পানী দি পানীখিনি আধাঘণ্টাৰ ভিতৰত খাই শেষ কৰিবলৈ দিলে। পানী খাবলৈ দিয়াৰ সময়ত নাৰ্চ গৰাকীয়ে কৈ গল, যিমান বেছি পানী খাব, পৰীক্ষা সিমানে ভাল হব।লাগিলে আৰু অধিক পানী দিয়া হব।এইদৰে কৈ নাৰ্চগৰাকী ওলাই যোৱাৰ পাছত মই পানী খাবলৈ আৰম্ভ কৰিলো। নাৰ্চগৰাকীৰ নিৰ্দেশ মতে মই  আধাঘণ্টাৰ  ভিতৰত প্ৰায় ৩ লিটাৰ পানী খালোঁ। এবাৰ এগৰাকী নাৰ্চে আহি মোৰ তেজ লৈ গল। কিছুসময়ৰ পাছত আন এগৰাকী নাৰ্ছ আহি মোক মাতি কাপোৰ সলনি কৰা ৰুমটোলৈ লৈ আহিল। তেতিয়া অনুষ্ঠানৰে আন এজন মানুহে আহি অনুষ্ঠানৰ কাপোৰ, ডায়েপাৰ খুলি মোক নিজৰ কাপোৰ পিন্ধিবলৈ কলে। মানুহজনে দিয়া নিৰ্দেশ অনুসৰি মই অনুষ্ঠানটোৰ কাপোৰ খুলি নিজৰ কাপোৰ পিন্ধিলোঁ। কাপোৰ পিন্ধাৰ পাছত মানুহজনে মোক বাহিৰলৈ ওলাই যাবলৈ কলে। পৰীক্ষা কৰাৰ আগতে মোক তেনেকৈ কিয় উলিয়াই দিয়া হল এই বিষয়ে মই একো উপলব্ধি কৰিব নোৱাৰিলো। মানুহজনক এই বিষয়ে প্ৰশ্ন সুধিও মই তেনে কোনো সন্তোষজনক সদুত্তৰ নাপালো। সি মাথোন কলে যে, এই বিষয়ে আপোনাৰ লগত অহা মানুহজনক জনাই দিয়া হৈছে। শেষত উপান্তৰ হৈ অনুষ্ঠানটোৰ ভিতৰ ফালৰ এটি বাটেৰে মই বাহিৰলৈ ওলাই আহিলো। বাহিৰলৈ আহি মই ৰাহুলক অনুষ্ঠানটোৰ গেটৰ সন্মুখথ থিয় হৈ থকা দেখিলোপৰীক্ষা নকৰাকৈ হঠাৎ মোক কিয় অনুষ্ঠানটোৰ পৰা বাহিৰ কৰি দিয়া হল এই বিষয়ে ৰাহুলক সোধাত তেওঁ কলে যে,  টাটাৰ পৰা যি পৰীক্ষা কৰিবলৈ দিয়া হৈছিল সেই পৰীক্ষা কৰাৰ সুবিধা ইয়াত নাই।সেই কাৰণে পৰীক্ষা নকৰাকৈয়ে এনেকৈ উলিয়াই দিছে

    মই ক'লো- এতিয়া উপায়?

    ৰাহুলে ক'লে- ডাক্তৰৰ ওচৰলৈ গৈ চাওঁ কি কয়।

    টাটা মেমৰিয়েল হাস্পতাললৈ আহি আমাৰ বাবে নিৰ্ধাৰিত ডাক্তৰক লগ ধৰি আমাৰ লগত জীয়ো অনুষ্ঠানত সংঘটিত ঘটনাৰ বিষয়ে কোৱাত ডাক্তৰে ক'লে- তাত যি পৰীক্ষা কৰাৰ সুবিধা আছে, সেয়া কৰিলেই হকোনো সমস্যা নাই। অৱশ্যে মই লিখি দিয়া মতে কৰিব পাৰিলে ভাল হলহেঁতেন। বাৰু, তাত যি সুবিধা আছে সেই মতেই কৰক গৈ। একো অসুবিধা নহয়

    লগে লগে ঘাটকুপাৰ (পশ্চিম)ৰ জীয়ো অনুষ্ঠানৰ লগত যোগাযোগ কৰাত তেওঁলোকে কলে যে, আজি পৰীক্ষা কৰা সম্ভৱ নহব। আজি শুকুৰবাৰ। শনি আৰু ৰবিবাৰ দুদিন অনুষ্ঠান বন্ধ থাকিব। সোমবাৰে আহিলে পৰীক্ষা কৰিব পৰা যাবআপোনালোকে টকা জমা দি নাম পঞ্জীয়ন কৰক

    তেতিয়া ৰাহুলে ক'লে,- আমাৰ টকা তো জমা দিয়াই আছে।

    তেতিয়া অনুষ্ঠানৰ ফালৰ পৰা ক'লে– সেই টকা আপোনাক ঘূৰাই দিব। তেওঁলোক আমাৰ অনুষ্ঠানৰ এজেণ্ট। কোনো সমস্যা নাই।

    আমি জীয়োৰ একাউণ্টত টকা জমা দিলো। আমি আগতে টকা জমা দিয়া এজেণ্টজনে সিদিনাই আমাৰ টকাখিনি আমাৰ একাউণ্টলৈ ঘূৰাই দিলে। ২২ এপ্ৰিল সোমবাৰে ৰাতিপুৱা আঠ বজাত সৰ্বোদয় হাস্পতাললৈ গৈ মোৰ নাম পঞ্জীয়ন কৰিলোঁ। ন মান বজাত আগৰ দৰে কাপোৰ সলাই ডায়েপাৰ পিন্ধি আগদিনা পানী খাবলৈ দিয়া ৰুমতে গৈ বহিলোঁ। সিদিনাও এগৰাকী নাৰ্চে পানী আনি দি কলে- যিমানেই পানী বেছিকৈ খাম, সিমানেই পৰীক্ষা বেছি ভাল হব।

    আগৰদিনা মই প্ৰায় তিনি লিটাৰমান পানী পান কৰিছিলো। পৰীক্ষা ভাল হোৱাৰ কাৰণে সিদিনা চাৰি লিটাৰতকৈও বেছি পানী পান কৰিলো।মাজতে এগৰাকী নাৰ্চ আহি আগদিনাৰ দৰেই পৰীক্ষা কৰিবলৈ মোৰ তেজ লৈ গল।

    মোক পানী খাবলৈ দিয়াৰ প্ৰায় চল্লিশ মিনিটমান পাছত এগৰাকী নাৰ্চ আহি মোক মাতি বেলেগ এটা কোঠালিলৈ লৈ গল। ৰুমটোত ডাঙৰ এটা মেচিন আছিল। মেচিনটোৰ আকাৰ চাই বুজিব পাৰিলো সেইটোৱে কিডনি পৰীক্ষা কৰা মেচিন। মোক মেচিনটোৰ লগত সংলগ্ন বেঞ্চৰ নিচিনা এটা বিছনাত শুবলৈ দিলে। পৰীক্ষাটো সম্পন্ন কৰিবলৈ চল্লিছ মিনিট সময় লাগিব বুলি এজন ডাক্তৰে মোক জনাই দিলে। তাৰ পাছত মেচিনটো চালু কৰি পৰীক্ষা সম্পন্ন কৰিবলৈ ধৰিলে। আগতে কোৱা অনুসৰি প্ৰায় চল্লিছ মিনিট সময় লাগিল পৰীক্ষাটো সম্পন্ন কৰোঁতে।পৰীক্ষা সম্পন্ন হোৱাৰ পাছত প্ৰথমে বহিবলৈ দিয়া ৰুমটোতে বহিবলৈ দি এজন লোকে কলে- আগতেই কাপোৰ নুখুলিব। আধা ঘণ্টামান বহক। পৰীক্ষাটো ঠিক হল, নে নাই চাইহে আপোনাক যাবলৈ দিব। পৰীক্ষা ঠিক নহলে আকৌ পৰীক্ষা কৰিব লাগিব। ঠিক হলেহে যাবলৈ দিব।

    আধা ঘণ্টামান বহাৰ পাছত অনুষ্ঠানৰ এজন লোকে মোক মাতি বাহিৰলৈ লৈ আহি কাপোৰ সলাবলৈ কলে। মই অনুষ্ঠানৰ কাপোৰ সলাই নিজৰ কাপোৰ পিন্ধি বাহিৰলৈ ওলাই আহিলোঁ। ৰাহুলে অনুষ্ঠানৰ ৰিচেপশ্বনিষ্টক সুধি জানিব পাৰিলে যে, তিনি ঘণ্টা পাছত ৰিপৰ্ট দিবৰাহুল আমিন অনুষ্ঠানটোৰ ভিতৰত বহি ৰিপৰ্টৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে আৰু মই বাহিৰলৈ ওলাই আহি এঠাইত বহি ৰাহুলৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। অনুষ্ঠানটোৰ বিশেষত্ব এয়া যে, অনুষ্ঠানটোৰ ওপৰেৰে বিমান উৰি যায়প্ৰায় প্ৰতি মিনিটতে। একেবাৰে মই বহা ঠাইৰ ওপৰেৰে। কব পাৰি মোৰ মুৰৰ ওপৰেৰে। সম্ভৱতঃ ওচৰতে এয়াৰ ফিল্ড আছে। বিমান চাই চাই মই সময় পাৰ কৰিবলৈ ধৰিলোঁ। এঘণ্টামানৰ পাছত ৰাহুলে ৰিপৰ্টটো লৈ আহিল। ৰিপৰ্ট লৈ আহি সিদিনাই টাটা মেমৰিয়েল হাস্পতালৰ চাৰ্জিকেল অংকলজিষ্টৰ ওচৰত জমা দিলোঁ।

    চাৰ্জিকেল অংকলজিষ্টগাৰকীয়ে ৰিপৰ্ট নেদেখাকৈয়ে আমাক ৰেডিয়েশ্বন অংকলজিষ্টৰ ওচৰলৈ পঠিয়াই দিলে। ৰেডিয়েশ্বন অংকলজিষ্টে বিভিন্ন ধৰণে পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত ৩৫ টা ৰেডিয়েশ্বন নিৰ্ধাৰণ কৰি দিলে। ৰেডিয়েশ্বন অংকলজিষ্টৰ ৰিপোৰ্ট লৈ আমি পুনৰ চাৰ্জিকেল অংকলজিষ্টৰ ওচৰলৈ গলোঁ। তেতিয়া চাৰ্জিকেল অংকলজিষ্টগৰাকীয়ে ছয়টা কেমোৰ কোৰ্চ দি লগে লগে আমাৰ লগত আলোচনা কৰি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ ৰেফাৰ কৰি চিঠি লিখি দিলে। সেই ৰিপোৰ্ট লৈ ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰলৈ গলোঁ৷ ৰেডিয়েশ্বন অংকলজিষ্টগৰাকীয়েও চাৰ্জিকেল অংকলজিষ্টৰ দৰে ৰেফাৰ লেটাৰ লিখি দিলে। লেটাৰ লৈ আমি ৰুমলৈ গুচি আহিলো।

    পিছদিনা ২৪ তাৰিখে ৰাতিপুৱা ৯ বজাৰ আগতেই ভাড়াঘৰৰ পৰা ওলাই মুম্বাই বিমানবন্দৰত উপস্থিত হলোঁ৷ আমাৰ বিমানখনৰ যাত্ৰাৰ সময় আছিল দুপৰীয়া এটা বজাতওয়েটিং ৰুমত দীৰ্ঘ সময় অপেক্ষা কৰাৰ পাছত দুপৰীয়া ১ বজাত মুম্বাইৰ পৰা কলকাতা অভিমুখী বিমানত উঠিলোঁ। কাৰণ আমাৰ বিমানখন কলকাতা ভায়া হৈ গুৱাহাটীলৈ যাব আৰু আমি কলকাতাত বিমান সলনি কৰিব লাগিব। সেয়ে প্ৰথম যাত্ৰাত আমাৰ গন্তব্যস্থান আছিল কলকাতাকলকাতাৰ পৰা পুনৰ গুৱাহাটী অভিমুখী বিমানত উঠিব লাগিব। আমাৰ বিমানখন সম্ভৱতঃ দুপৰীয়া তিনিমান বজাত কলকাতা বিমান বন্দৰত অৱতৰণ কৰিছিল। কলকাতাৰ পৰা গুৱাহাটীলৈ যোৱা বিমানখনৰ সময় নিৰ্ধাৰিত আছিল সন্ধিয়া আঠ বজাত। দীৰ্ঘ সময় অপেক্ষা কৰাৰ পাছত আমাৰ বিমানখন সন্ধিয়া ৮ বজাত কলকাতাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। নিশা ৯ বজাত আমি গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰিলোঁ। আমাৰ গাঁৱৰে ওলা চালক হামিদুলৰ লগত আগতীয়াকৈয়ে আলোচনা কৰি থৈছিলো। সেয়ে হামিদুলে টেক্সিলৈ আমাৰ কাৰণে বিমান বন্দৰত অপেক্ষা কৰি আছিল। গুৱাহাটীত অৱতৰণ কৰি হামিদুলক ফোন কৰিলো। লগে লগে হামিদুলে টেক্সি লৈ আহিল। নিশা চাৰে ন মান বজাত আমি গৃহ অভিমুখে ৰাওণা হলো।ৰাহুল গুৱাহাটীৰ জালুকবাৰীৰ গাঁৰিগাঁৱৰ ভাড়াঘৰতে নামি থাকিলমই অকলেই ঘৰলৈ আহিলো। ২৪ এপ্ৰিলৰ নিশা ১১:৩০ বজাত মই ঘৰ পালোহি এইদৰেই আমাৰ চিকিৎসাৰ প্ৰথম পৰ্যায় অৰ্থাৎ মুম্বাই ভ্ৰমণৰ অন্ত পৰিল

   


বি, বৰুৱা কেন্সাৰ ইনষ্টিটিউট- ২৫ এপ্ৰিল বৃহস্পতি বাৰে ৰাতিপুৱা ৯ বজাত বি বৰুৱা ইনষ্টিটিউটলৈ ফোন কৰি গম পালোঁ যে, ডাক্তৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ ৰোগী চায়গতিকে আমি শুকুৰবাৰে ডাক্তৰৰ ওচৰলৈ যাব পাৰিলোঁহেঁতেন৷ কিন্তু সকলোৰে লগত আলোচনা কৰি আমি ২৯ এপ্ৰিলত গুৱাহাটীলৈ যোৱাৰ সিদ্ধান্ত ললো। সিদ্ধান্ত অনুযায়ী ২৮ এপ্ৰিলত মোৰ সমুন্দি হোছেইন আলীৰ পুতেক বাহাদুৰ ইছলামৰ লগত গুৱাহাটীৰ বি, বাৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ গৈ মোৰ নাম পঞ্জীয়ন কৰিলোঁ। নাম পঞ্জীয়ন কৰি ডাক্তৰৰ ওচৰলৈ গলোঁ৷ ডাক্তৰে মোৰ ফাইলটো তন্ন তন্নকৈ চালে। মুম্বাইৰ ডাক্তৰে মোৰ কাণ, স্পিচ, দাঁতৰ পৰীক্ষা মুম্বাইতে কৰিবলৈ কৈছিল, যদিও সময়ৰ অভাৱৰ কাৰণে মই মুম্বাইত একমাত্ৰ কাণৰ পৰীক্ষাহে কৰাইছিলোস্পিচ আৰু দাঁতৰ পৰীক্ষা গুৱাহাটীতে সম্পন্ন কৰাৰ সিদ্ধান্ত লৈ ঘৰলৈ উভতি আহিছিলোঁ৷ আমাৰ ফাইল চাই ডাক্তৰে দাঁত আৰু স্পিচ পৰীক্ষাৰ বাবে বিভাগীয় ডাক্তৰলৈ লিখি দিলে। আমি প্ৰথমে ফাইলটো দন্ত চিকিৎসকৰ ওচৰত জমা দিলোঁ। তাত ফাইল জমা দিয়াৰ পাছত দেখা গল যে, দন্ত চিকিৎসকৰ সন্মুখত বহু ফাইল জমা হৈ আছে। সেয়ে বাহাদুৰৰ লগত আলোচনা কৰি প্ৰথমে স্পিচ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈ দন্ত চিকিৎসকৰ পৰা ফাইলটো আনি স্পিচ পৰীক্ষা কৰা ডাক্তৰৰ ওচৰত জমা দিলোঁ। স্পিচ পৰীক্ষা সহজে হৈ গস্পিচ পৰীক্ষা কৰাৰ পাছত পুনৰ দন্ত চিকিৎসকৰ ওচৰলৈ গৈ দেখিলোঁ যে, তেতিয়াও বহু ফাইল ডাক্তৰৰ সন্মুখত থূপ খাই আছে। গতিকে পাছত এদিন দন্ত পৰীক্ষা কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈ সিদিনাৰ কাৰণে ঘৰলৈ উভতি আহিলোঁ৷

    ৩ মেত বি বৰুৱা ইনষ্টিটিউটৰ দন্ত চিকিৎসকৰ ওচৰলৈ গলোঁ৷ ডাক্তৰে মোক দাঁতৰ এক্স-ৰে কৰিবলৈ ভঙাগড় মেডিকেললৈ পঠিয়াই দিলে। ভাঙাগড় মেডিকেলত এক্স-ৰে কৰি এক্স-ৰে ৰিপোৰ্ট আনি বি বৰুৱা ইনষ্টিটিউটৰ দন্ত চিকিৎসকৰ ওচৰত জমা দিলোঁএক্স-ৰে ৰিপোৰ্ট চাই ডাক্তৰে আমাক ১৩ এপ্ৰিলত পুনৰ যাবলৈ দিলে। সেয়ে সিদিনাৰ কাৰণে আমি ঘৰলৈ উভতি আহিলোঁ৷ সিদিনা মোৰ লগত আছিল শ্বাহজাহান আলী আহমেদ ঘৰলৈ উভতি অহাৰ পাছত ডাক্তৰৰ নিৰ্দেশ অনুসৰি তেৰ তাৰিখে আকৌ দন্ত চিকিৎসকৰ ওচৰলৈ গলো।

    সিদিনা মোৰ লগত আছিল আমাৰ সৰুটো ল'ৰা ৰাহুল আমিন এক্স-ৰে ৰিপোৰ্টটো চাই দন্ত চিকিৎসক ডাক্তৰ মানস ৰাজখোৱাই গণি গণি এটা এটাকৈ সাতটা দাঁত উলিয়াই দিলে।কবলৈ গলে সিদিনাৰ পৰা মোৰ চিকিৎসা আৰম্ভ হল। এমাহ ঊনৈছ দিন মই কেৱল পৰীক্ষাতে ব্যস্ত আছিলো। দাঁতকেইটা খহোৱাৰ পাছত ডাক্তৰে ঔষধ লিখি দি ১৭ তাৰিখে ৰেডিঅলজিষ্টৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিলেনিৰ্ধাৰিত সময় ১৭ তাৰিখে ৰেডিঅলজিষ্টৰ লগত সাক্ষাৎ কৰিলোঁ। মোৰ মুখমণ্ডলত মধ্যমীয়া আকাৰৰ দাড়ি আছিল। ডাক্তৰে মোক দাড়ি খুৰাই যাবলৈ নিৰ্দেশ দিলে

    দাড়ি খুৰোৱাৰ কাৰণে চেলুন বিচাৰি ওলাই আহিলোঁঅনুষ্ঠানৰ পৰা অলপ দক্ষিণলৈ আহি চেলুন এখন বিচাৰি পালোঁ। নাপিতজনে এজন মানুহৰ চুলি কাটি আছিলবিহাৰী নাপিত। মোক দোকানৰ সন্মুখত থিয় দি থকা দেখি নাপিতজনে ক'লে- মই দোকানখন বন্ধ কৰিম, আপুনি বেলেগ দোকানলৈ যাওঁকগৈতথাপিও মই থিয় দি থাকিলোঁ। তেতিয়া নাপিতজনে ক'লে-মই দোকানখন বন্ধ কৰি দিমমিছাতে থিয় হৈ আছে কিয়?

    মই ক'লোঁ- মোক শ্বেভ কৰি দোকানখন বন্ধ কৰক।শ্বেভ কৰোঁতে নো আৰু কিমান সময় লাগিব?

    নাপিতজনে একো কোৱাৰ আগতেই ৰাহুল আমিন আহি সেইখিনি পালেহিকাৰণ ৰাহুল আমিন অলপ আগলৈ গৈ ওচৰতে আৰু চেলুন আছে নেকি চাবলৈ গৈছিল। সি মোৰ ওচৰলৈ আহি 'লে- অলপ আগত আন এখন চেলুন আছে।বলক তালৈকে যাওঁ।

    ৰাহুলৰ লগত সেই চেলুনখনলৈ আহিলোঁ। চেলুনলৈ আহি শ্বেভ কৰাৰ কথা কোৱাত নাপিতজনে ক'লে,- মই শ্বেভ কৰিব নোৱাৰিমআন ঠাইলৈ যাওকগৈমই দোকানখন বন্ধ কৰিম।

    তেতিয়া ৰাহুল আমিনে ক'লে,- আহা, ইয়াতো কাম নহ'ব।"

    মই ক'লো, -কিয়, সমস্যা কি?"

    ৰাহুলে ক'লে- এওঁলোকে কেন্সাৰ ৰোগীৰ দাড়ি নখুৰায় ভয় কৰে

    তেনেহলে এতিয়া উপায়? মই সুধিলোঁ।

                ৰাহুলে ক'লে, "আহক অলপ আগুৱাই গৈ চেষ্টা কৰোঁ।কোনোবাই যদি দাড়ি নুখুৰায়, তেনেহলে ব্লেড কিনি শ্বেভ হব লাগিব।

    অলপ আগুৱাই গৈ ৰাস্তাৰ সিটো পাৰে এখন চেলুন দেখা পালোঁ। তেতিয়া ৰাহুলে ক'লে -আপুনি অকলে যাওঁকগৈদুজন মানুহ গলে কেন্সাৰ ৰোগী বুলি সন্দেহ কৰিব পাৰে। তেতিয়া হয়তো তেৱোঁ দাড়ি নুখুৰাব!

    ৰাহুলৰ পৰামৰ্শ মতে মই ৰাস্তা পাৰ হৈ অকলে চেলুনখনলৈ গলো আৰু ৰাহুল ফুটপাথত থিয় দি থাকিল। শ্বেভ কৰাৰ কথা কওঁতে নাপিতজনে মোক বহিবলৈ দিলেনাপিতজনে এজন মানুহৰ চুলি কাটি আছিল। চুলি কটা হোৱাত মানুহজনক বিদায় দি নাপিতজনে মোক শ্বেভ কৰি দিলে। শ্বেভৰ বাবে চল্লিশ টকা ললে। মই দাড়ি কাটি ৰাস্তালৈ ওলাই অহাৰ পাছত ৰাহুলে ৰাস্তা পাৰ হৈ আহি মোক লগ ধৰিলেতাৰ পাছত আমি দুয়ো খোজকাঢ়ি বি, বৰুৱা কেন্সাৰ হাস্পতাললৈ আহি ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰলৈ আহিলো৷ ৰেডিঅলজিষ্ট দুজনমানে মোক এখন বেডত শুৱাই মোৰ মুখৰ আকৃতিৰ এটি প্লাষ্টিকৰ মুখা তৈয়াৰ কৰিলে। তাৰ পাছত এজন বিয়াৰাৰে আমাক বেলেগ এটি ৰুমলৈ লৈ আহিল। সেইটো ৰুমৰ  ডাক্তৰে ২১ মেৰ পৰা মোক ৰেডিয়েশ্বন দিয়া হব বুলি আমাৰ ফাইলত লিখি দিলে। সিদিনা মই অকলে ঘৰলৈ গুচি আহিলো।ৰাহুল তাৰ ভাড়াঘৰতে থাকি গল।

    ইয়াত উল্লেখযোগ্য যে মোৰ দাঁত সৰোৱাৰ আগতে মোৰ খাবলৈ বা ফুৰা-চকা কৰাত কোনো অসুবিধা হোৱা নাছিল। আল জিভাৰ তালুৰ কাষত ঘাঁ হৈছিল যদিও কোনো প্ৰকাৰ বিষ বা খাদ্য খোৱাত অসুবিধা হোৱা নাছিল। দাঁত সৰোৱাৰ পাছৰ পৰাহে খোৱা-বোৱাত অসুবিধা হৈছিল।

   


ৰেডিয়েশ্বন আৰম্ভ- ডাক্তৰৰ নিৰ্ধাৰিত তাৰিখ অনুসৰি ২১ মে'ত মই শ্বাহজাহানৰ সৈতে বি বৰুৱা কেন্সাৰ হাস্পতাললৈ গলো। ৰেডিয়েশ্বন ডাক্তাৰক লগ ধৰাত ডাক্তৰে ৩৫ টা ৰে়ডিয়েশ্বন বাবদ কাউণ্টাৰত ২৮০০০ টকা জমা দিবলৈ কলে। ডাক্তৰৰ নিৰ্দেশমতে প্ৰাইভেট কাউণ্টাৰলৈ গৈ ২৮০০০ টকা জমা দিলোঁ। এইদৰে যাৱতীয় কাম সম্পূৰ্ণ কৰাৰ পাছত ডাক্তৰে দুপৰীয়া ২:৩০ বজাত ৰেডিয়েশ্বনৰ সময় নিৰ্ধাৰণ কৰি দিলে। তেতিয়া দুপৰীয়া ১২ বাজিছিলআমি  কৰিব লগা কোনো কাম নাছিল। সেয়ে আঢ়ৈ বজাৰ বহু আগতে গৈ ৰেডিয়েশ্বপ্ৰদান কৰা ৱেটিং ৰুমলৈ গৈ বহিলোঁ। ইতিমধ্যে বহু মানুহ ৰুমটোত গোট খাই ৰেডিয়েশ্বনৰ বাবে অপেক্ষা কৰি আছিল। ৰোগীসকলৰ অৱস্থা অতি দুৰ্বল। আটায়ে ৰেডিয়েশ্বন লোৱাৰ কাৰণে অপেক্ষা কৰি আছে। প্ৰায় প্ৰতিজন ৰোগীৰ লগত অভিভাৱক আছে। ৰোগীসকলৰ ভিতৰত গৌৰীপুৰৰ আব্দুল মোতালেব আৰু যোগীঘোপাৰ অনাথ সৰকাৰ আছিল। মোতালেবৰ বয়স পঞ্চাশৰ ওপৰতমধ্যমীয়া উচ্চতাৰ এজন খীণমিন মানুহ। জিভাত কামোৰ লাগি ঘাঁ হৈছিল। সেই ঘাঁৰ পৰা কেন্সাৰ হৈছেঅনাথ সৰকাৰ এজন বয়োবৃদ্ধ মানুহবয়স সত্তৰৰ ওপৰতলেকাম ঘাঁৰ পৰা কেন্সাৰ হৈছে। অনাথ সৰকাৰৰ পত্নী এগৰাকী অতি সৰৱৰাহী মহিলা। নাম কৃষ্ণা সৰকাৰ। ৰুম ভাড়াৰ কথা সোধাত কৃষ্ণা সৰকাৰে আমাক শংকৰদেৱ লজৰ ফোন নম্বৰটো দিলে। মোক তিনিমান বজাত ৰেডিয়েশ্বন দিলে। প্ৰায় আধা ঘণ্টা সময় লাগিল ৰেডিয়েশ্বন দিওঁতে প্ৰথমবাৰ সময় অলপ বেছি লাগে। পাছৰ পৰ্যায়ত অৱশ্যে সাত আঠ মিনিটতে হৈ যায়।

    ৰেডিয়েশ্বন লোৱাৰ পাছত অনুষ্ঠানৰ পৰা ওলাই আহিলোঁ। অনুষ্ঠানৰ পৰা ওলাই আহি কৃষ্ণা সৰকাৰে ফোন নম্বৰ দিয়া শংকৰদেৱ লজৰ সন্ধানত ৰাওনা হলোঁ৷ লজখন অনুষ্ঠানৰ ওচৰতে। সাৰাবভাটিতাস্পতালৰ পৰা খোজ কাঢ়ি পাঁচ-সাত মিনিটৰ বাটশংকৰদেৱ লজ বিচাৰি আহোঁতে সন্মুখত ভাতৰ হোটেল দেখা পালোঁৰাতিপুৱা ঘৰৰ পৰা ভাত খাই গৈছিলো। মাজত একো খোৱা নাছিলো। সেয়ে মোৰ বৰ ভোক লাগিছিল। ভাতৰ হোটেল দেখি মোৰ ভোক দুগুণে চৰিলমই শ্বাহজাহানক উদ্দেশ্য কৰি ক'লোঁ- মোৰ বৰ ভোক লাগিছে। বলা  ভাত খাই লওঁ

                শ্বাহজাহানে ক'লে- মোৰো ভোক লাগিছে।বলক, ভাত খাই শংকৰদেৱ লজলৈ ফোন কৰিমহি"

    হোটেললৈ গৈ ভাত খালোঁ। কিন্তু ভালদৰে ভাত খাব নোৱাৰিলোঁ৷ সন্মুখৰ কেবাটাও দাঁত নাই। ইফালে ভোকো লাগিছিল যথেষ্টবেছি ভোক লাগিলে আচলতে মই ভালকৈ খাবও নোৱাৰোঁইফালে সবজিও সিমান ভাল নাছিল। কোনোমতে ভাতকেইটা নাকেমুখে গিলি ৰাস্তালৈ ওলাই আহিলোঁ। ৰাস্তালৈ ওলাই অহাৰ পাছত শ্বাহজাহানে শংকৰদেৱ লজলৈ ফোন কৰিলে। ফোন ৰিচিভ কৰাৰ পাছত শ্বাহজাহানে ৰুম বিষয়ে কথা পাতিলে। শংকৰদেৱ লজৰ মালিকে কলে- আজি কোনো ৰুম খালী নাই, পাছত যোগাযোগ কৰিব। এইদৰে কৈ সি সিপ্ৰান্তৰৰ পৰা ফোন কাটি দিলে।

    এতিয়া উপায়?  ৰবাত হলেওতো ৰাতিটো কটাব লাগিব! সৰুটো পুৱতেক ৰাহুল জালুকবাৰীৰ গাঁৰিগাঁৱত এটি ভাড়াঘৰত থাকেসুবিন্যস্ত পৰিপাটি ঘৰ। মজিয়াত টাইলছ লগোৱা। সিহঁত দুজনে দুটা ৰুম ভাড়া লৈ থাকেদুয়ো একেটা কোম্পানীতে কাম কৰে। ৰাহুলৰ লগত থকা লৰাজনৰ ঘৰ গোৱালপাৰা জিলাত'ৰাজন এম ফাৰ্ম উত্তীৰ্ণতাত এজন মানুহৰ বাবে থকাৰ সুবিধা আছে। দুজন হলে অৱশ্যে কিছু অসুবিধা হব৷ তথাপিও আলোচনা কৰি শেষত ৰাহুলৰ ভাড়াঘৰতে থাকিবলৈ সিদ্ধান্ত ললোঁ।

    শ্বাহজাহানৰ খুলশাল আনোৱাৰ হোছেইন গুৱাহাটীত জমেটো কোম্পানীত কৰ্মৰত। আমি ৰাহুলৰ তাত থকাৰ কথা আলোচনা কৰি থাকোঁতে আনোৱাৰ আহি সেইখিনি পালেহি। সি সুধিলে, "আপোনালোক আজি ঘৰলৈ যাব, নে গুৱাহাটীতে থাকিব?"

    শ্বাহজাহানে কলে- কাইলৈ ​​পুনৰ ৰেডিয়েশ্বন লব লাগিব সেয়ে গুৱাহাটীতে থাকিব লাগিব।

    'ত থাকিব?  আনোৱাৰে সুধিলে।

    ভাড়াঘৰ এটা বিচাৰি গৈছিলোকিন্তু তাত ৰুম খালী নাইসেয়ে ৰাহুলৰ তাত থকাৰ কথা ভাবিছো। শ্বাহজাহানে কলে

    আনোৱাৰে ক'লে- অসুবিধা হ'লে মোৰ ৰুমতো থাকিব পাৰিব।

    তুমি ক'ত থাকিবা? শ্বাহজাহানে সুধিলে।

    মোৰ থাকিবলৈ কোনো অসুবিধা নাই। কাৰোবাৰ লগত ৰুম শ্বেয়াৰ কৰি থাকিব পাৰিমএইদৰে কৈ আনোৱাৰে ক'লে- তাত আপোনালোকে ৰুমো পাব পাৰেগতিকে তালৈকে বলক

    সেই মুহূৰ্ততে গৌৰীপুৰৰ আব্দুল মোতলেবে ফোন কৰিলে। তেওঁৰ লগত ৰুমৰ বিষয়ে কথা পাতিছিলো। তেওঁ ধীৰেন পাৰাৰ এটা ভাড়াঘৰত থাকে। আব্দুল মোতালেবে ক'লে – আপোনালোকে যে ৰুমৰ কথা কৈছিল,  ইয়াত এটা ৰুম আছে। চাব পাৰে।পছন্দ হলে লব পাৰিব।

                লগে লগে শ্বাহজাহানৰ লগত আলোচনা কৰি ধীৰেনপাৰালৈ গৈ মোতালেবক লগ ধৰিলোঁ৷ তেওঁ ৰুম দেখুৱালে। ৰুম পছন্দ নহল।মোতালেবে তেতিয়া আমাক এখন ভাতৰ হোটেললৈ লৈ গৈ হোটেলৰ মালিকৰ লগত ৰুমৰ বিষয়ে কথা পাতিলে। হোটেলৰ মালিকজন মন্দিয়াৰ মানুহসি ক'লে- আমাৰ ইয়াতো ৰুম আছে। ইচ্ছা কৰিলে চাব পাৰে।

                শ্বাহজাহানে ক'লে- বলকচোন চাওঁ, কেনেকুৱা ৰুম"

    হোটেলৰ মালিকে আমাক ৰুমটো দেখুৱাবলৈ লৈ গল। ৰুমটো হোটেলৰ লগতে সংলগ্ন। ৰুমটো একেবাৰে বেয়া নহয়। কিন্তু খাট পালেং নাই।

    শ্বাহাজাহানে ক'লে,- খাট পালেং নাই দেখোন! থাকিম কেনেকৈ?"

    হোটেলৰ মালিকে ক'লে-, "খাট পালেং নাথাকিলেও কোনো সমস্যা নাই। মেট্ৰেচ পাৰি মজিয়াতে শুৱ পাৰিব

    শ্বাহজাহানে মোক উদ্দেশ্য কৰি ক'লে- যিহেতু এতিয়া ৰুম নাই, ইফালে আমি থাকিবও লাগিব। গতিকে ৰুমটো লৈ লোৱাই ভাল হব নেকি ভাল ৰুম পালে তেতিয়া শিফ্ট হলেই হল।এইদৰে কৈ শ্বাহজাহানে হোটেলৰ মালিকক উদ্দেশ্য কৰি সুধিলে- ভাড়া কিমান দিব লাগিব?

    হোটেলৰ মালিকে ক'লে- ভাড়া প্ৰতিদিনে তিনিশ টকাকৈ দিব লাগিবএইদৰে কৈ মানুহজনে ক'লে-ৰুম পছন্দ হলে আগধন দি  যাওঁক

    আমি পাঁচশ টকা আগধন দি ৰুম বুক কৰি  আনোৱাৰ হুছেইনৰ ভাড়াঘৰলৈ আহিলোঁ। ৰুমটোত ৰন্ধা-বঢ়াৰ সুবিধা আছিল। সেয়ে আনোৱাৰে কলে-ইচ্ছা কৰিলে ৰন্ধা-বঢ়া কৰি খাব পাৰিব। চাউল ডালি সকলো আছে।

    শ্বাহজাহানে কলে-ৰন্ধা-বঢ়া কৰাৰ দৰ্কাৰ নাই। ৰেডিয়েশ্বন লোৱাৰ পাছত আমি হোটেলত খাই আহিছোঁকোনোমতে ৰাতিটো কটাব পাৰিলেই হল। যদি সম্ভৱ হয়, ৰাতিপুৱা ৰান্ধিম বাৰু।

    ইফালে ৰাতিও ভালেখিনি হৈছিল। সেয়ে আমি শোৱাৰ কাৰণে ব্যস্ত হৈ পৰিলোঁ। আমাৰ কাৰণে ৰুমটো এৰি দি আনোৱাৰে বেলেগ এটা ৰুমলৈ শুৱলৈ গল। আনোৱাৰ ৰুমৰ পৰা ওলাই যোৱাৰ পাছত শ্বাহজাহান আৰু মই শুই পৰিলোঁ। গৰমৰ দিন। বৰ গৰম পৰিছিল সিদিনাকোঠালিটোত কেৰ কেৰ শব্দ কৰি ফেন এটা চলি আছিল। ফেনৰ কেৰ কেৰ শব্দ ইমানেই প্ৰচণ্ড আছিল যে, এটা সময়ত কেৰ কেৰ শব্দ মোৰ কাৰণে অসহ্য হৈ উঠিল। মোৰ মূৰটো প্ৰচণ্ডভাবে বিষাবলৈ ধৰিলে। মূৰৰ বিষ লৈ তেনেকৈ থকা সম্ভৱ নহ'ব বুলি ভাবি মই শ্বাহজাহানক ক'লোঁ-  ফেনৰ শব্দত মোৰ মূৰ বিষাইছে। ইয়াত থাকিলে মোৰ টোপনি নাহিব। ৰাহুলক ফোন কৰাসি আহি মোক তাৰ ভাড়াঘৰলৈ লৈ যাওকহি

    শ্বাহজাহানে ফোনযোগে ৰাহুলৰ সৈতে যোগাযোগ কৰিলেপ্ৰায় চল্লিশ মিনিটমান অপেক্ষা কৰাৰ পাছত ৰাহুল আহিল। নিশা প্ৰায় ১০:৩০ বজাত ৰাহুলৰ সৈতে তেওঁৰ ভাড়াঘৰলৈ আহিলো৷ তাত উপস্থিত হৈ মই চাবোনেৰে মূৰটো ধুই পেলালোঁ। মূৰ ধোৱাৰ পাছত মূৰৰ বিষ অলপ কমি আহিল। ছাদৰ ওপৰত কিছু সময় বহিলো।ছাদৰ ওপৰত পশ্চিম দিশৰ পৰা ফিৰফিৰীয়া বতাহ বৈ আছিল। ফলত মূৰৰ বিষ একেবাৰে নোহোৱা হল। ফলত বিছনালৈ আহি শুই পৰিলোঁ। কিন্তু মোৰ টোপনি নাহিল। নতুন ঠাইত নতুন বিছনাত শুলে এনেয়েও মোৰ টোপনি অলপ কম হয়।তদুপৰি সেইদিনা প্ৰথম ৰেডিয়েশ্বন লৈছিলোঁ। তাৰ প্ৰতিক্ৰিয়া তথা দুঃশ্চিন্তাও আছিল। তাৰ বাবেই হয়তো টোপনি অহা নাছিল।হোটেলত ভাত খাইছিলো অনুমান চাৰে চাৰিমান বজাত। ফলত ভোকো অনুভৱ হবলৈ ধৰিলে। বাৰমান বজাৰ পাছত জোৰকৈ ভোক লাগিল। দুটা ৰুমৰ ভাড়াঘৰ। ৰাহুল গোৱালপাৰাৰ লৰাজনৰ লগত বেলেগ ৰুমত শুইছিল। ৰাহুলৰ পাতিলত ভাত আছিল বুলি মই জানো। কাৰণ ৰুমলৈ অহাৰ পাছত ৰাহুলে মোক ভাত খাবলৈ কৈছিল।কিন্তু তেতিয়া ভোক নলগা কাৰণে ভাত খোৱা নাছিলো। গতিকে ৰাহুলক মাতি উঠাই কেঁচা জলকীয়াৰে পান্তা ভাত খালোঁ। কাৰণ গৰমৰ দিন কাৰণে ৰাহুলে ভাতত পানী দি থৈছিল। ভাত কেইটা তৃপ্তি সহকাৰেই খালোঁ। ভাত খোৱাৰ পাছত শৰীৰটো অৱশ হৈ আহিল আৰু বিছনাত পৰাৰ লগে লগে টোপনি আহিল। গভীৰ টোপনি হল। সচাৰচৰ মোৰ ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস। সিদিনা উঠাত অলপ দেৰি হল। সাৰ পাই দেখিলো ৰাহুলে ভাত বহাইছে

    হাত মুখ ধুই আহি মই ৰাহুলক উদ্দেশ্য কৰি কলো- আজিও ৰেডিয়েশ্বন ল'ব লাগিব। তুমি মোৰ লগত যাব পাৰিবা নেকি?

    ৰাহুলে ক'লে- নাই, মোৰ যোৱা সম্ভৱ নহ'ব। ভাই (ভাই মানে শ্বাহজাহান।) আছে। ভাই গলেই হব দেখোন।

                মই ক'লোঁ- মই অকলে কেনেকৈ যাম? মইতো  ওলা বুকিং কৰিব নাজানো।

    ৰাহুলে ক'লে--আমাৰ গাঁৱৰ কেইজনমান লৰা ইয়াতে ক'ৰবাত থাকে। সিহঁতৰে আব্দুল কাদেৰ আৰু ছোহৰাব নামৰ লৰা দুজনে টেম্পো চলায়। দুদিন আগতে মই কাদেৰক লগ পাইছিলোমোবাইল নম্বৰ সংগ্ৰহ কৰি মই তেওঁৰ লগত আলোচনা কৰিমহিচিনাকি মানুহ। তাৰ লগত গলে সুবিধা হব। তেওঁ ওচৰতে কৰবাত থাকে। যদি ইয়াৰ পৰাই ৰেডিয়েশ্বন লব লগা হয়, তেনেহলে মাহিলী হিচাপে ভাড়াও ব্যৱস্থা কৰি দিম। এতিয়া চাওঁ, কেনেকৈ মোবাইল নম্বৰ সংগ্ৰহ কৰিব পাৰোঁ।

    প্ৰথমদিনা বাহাদুৰ ইছলামৰ লগত গুৱাহাটীলৈ যাওঁতে ছোহৰাবৰ টেম্পোৰে বি বৰুৱা হস্পিতাললৈ গৈছিলো। তেতিয়াই মই ছোহৰাবৰ মোবাইল নম্বৰ সংগ্ৰহ কৰিছিলোঁসেয়ে মই কলো - সিদিনা ছোহৰাবৰ লগত বি, বৰুৱালৈ গৈছিলোঁমোৰ লগত ছোহৰাবৰ নম্বৰ আছে। ছোহৰাবক ফোন কৰি চাওঁ, সি গলে কাদেৰৰ নম্বৰৰ প্ৰয়োজনে নহব।

    ৰাহুলে ক'লে- তেনেহলে ছোহৰাবক ফোন কৰক। কাদেৰ আৰু ছোহৰাব দুয়ো আমাৰ গাঁৱৰে লৰা। দুজনৰ এজন গলেই হল।

    মই ছোহৰাবক ফোন কৰিলোঁ। ছোহৰাবে ফোন ৰিচিভ কৰি ক'লে- তাৱৈ, কওঁক(ছোহৰাবৰ দেউতাক মোৰ মিত্ৰসেইবাবেই ছোহৰাবে মোক তাৱৈ বুলি মাতে)

    মই ক'লো- তুমি ক'ত আছা?" আজিও বি, বৰুৱালৈ যাব লাগিব।

    ছোহৰাবে ক'লে- মই কালি ঘৰলৈ আহিছোঁ আপুনি এতিয়া কত আছে?

    মই ক'লো- মই বৰ্তমান গাৰিগাঁৱত ৰাহুলৰ ভাড়াঘৰত আছোঁ"

    ছোহৰাবে ক'লে-কাদেৰো গৰিগাঁৱতে আছে।আপুনি কাদেৰৰ লগত যোগাযোগ কৰক।

    মই ক'লোঁ- মোৰ লগত কাদেৰৰ ফোন নম্বৰ নাই। তুমি তেনেহলে মোক কাদেৰৰ নম্বৰ দিয়া

    ছোহৰাবে মোক কাদেৰৰ ফোন নম্বৰ দিলে। ৰাহুলে কাদেৰৰ লগত যোগাযোগ কৰি টেম্পোৰ ব্যৱস্থা কৰিলে। কথা হল, কাদেৰে সময়মতে বি, বৰুৱালৈ লৈ যাব আৰু ৰেডিয়েশ্বন লোৱাৰ পাছত পুনৰ লৈ আহিবভাড়া অহা-যোৱাত প্ৰতিদিনে চাৰিশ টকাআব্দুল কাদেৰে সিদিনা ৰাতিপুৱা ১০ বজাত বি, বৰুৱালৈ নি মোক হস্পিতালত নমাই দি আন ভাড়াঘৰ সন্ধানত ওলাই গল। আনোৱাৰৰ ভাড়াঘৰৰ পৰা বি, বৰুৱালৈ আহি শ্বাহজাহানে আগৰে পৰাই মোৰ কাৰণে অপেক্ষা কৰি আছিল। মোক দেখি সি আগবাঢ়ি আহিল। আমি সিদিনা কেমো ডাক্তৰক লগ ধৰাৰ কথা আছিল। দুপৰীয়া ২:৩০ বজাত ৰেডিয়েশ্বন দিয়া হব। গতিকে আমি ৰিচেপশ্বনত ফাইল জমা দি কেমো ডাক্তৰৰ আহ্বানৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলোঁ। এটা সময়ত কেমো ডাক্তৰৰ আহ্বান আহিল। আমি ডাক্তৰৰ ওচৰলৈ গলোঁ৷ ডাক্তৰে আমাক তেজ পৰীক্ষা কৰিবলৈ দিলেকাউণ্টাৰত টকা দি পৰীক্ষা কৰিবলৈ তেজ দিলোঁ। চাৰি ঘণ্টা পাছত তেজ পৰীক্ষাৰ ৰিপোৰ্ট দিব বুলি জনালে তেজ লোৱা কাউণ্টাৰৰ পৰা ২:৩০ বজাত ৰেডিয়েশ্বন দিয়া হব। তেতিয়া ১১ মান বাজিছিল। মাজৰ সময়ছোৱাত কোনো কাম নাছিল। সেয়ে শ্বাহজাহানে ক'লে-আজি ৰাতিপুৱা মই একো খোৱা নাই। মোৰ ভোক লাগিছে। বলক, ফুটপাথৰ হোটেলখনলৈ গৈ কিবা এটা খাওঁগৈ

    বি, বৰুৱাৰ গেটৰ বাহিৰতে ফুটপাথত বহু কেইটা ভাতৰ হোটেল আছে। আমি তাৰে এখন হোটেললৈ আহিলোঁ। মই ৰাতিপুৱা ৰাহুলৰ ভাড়াঘৰৰ পৰা ভাত খাই আহিছিলো। গতিকে মই ক'লো-মই ৰাতিপুৱা ভাত খাই আহিছো। তুমি ভাত খোৱামই বেলেগ কিবা এটা খাওঁ।

    শ্বাহজাহানে ভাত খালে আৰু মই লুচি খালোঁ। ভাত-পানী খাই আমি ৰেডিয়েশ্বনৰ ওয়েটিং ৰুমলৈ আহি ৰেডিয়েশ্বনৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলো। আঢ়ৈ বজাৰ আগত ৰেডিয়েশ্বন নহব বুলি জানি শ্বাহজাহান তেজৰ ৰিপোৰ্টৰ খবৰ লবলৈ গল।

    একেটা পৰিসৰতে দুই ধৰণৰ বিল্ডিং। এটা ৰোগীসকলৰ যাৱতীয় চিকিৎসাপাতিৰ কাৰণে ইনডোৰ বিল্ডিং আৰু এটা ডাক্তৰসকলৰ ৰোগী চোৱা আৰু প্ৰশাসনিক যাৱতীয় কাম-কাজ পৰিচালনাৰ কাৰণে ওপিডি বিল্ডিং। ৰোগী চোৱা আৰু প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ কাৰণে আকৌ দুটা বিভাগ আছে। এটা প্ৰাইভেট আৰু আনটো চৰকাৰী। ৰোগী চোৱা আৰু প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ কাৰণে নিৰ্ধাৰিত বিল্ডিংটো দুমহলীয়া।প্ৰাইভেট বিভাগটো ওপৰ মহলাত আৰু চৰকাৰী বিভাগটো তলৰ মহলাত। মোৰ নাম পঞ্জীয়ন কৰাইছিলো প্ৰাইভেট বিভাগত। শ্বাহজাহানে প্ৰাইভেট বিভাগলৈ গৈ কাউণ্টাৰত সুধি তেজৰ ৰিপোৰ্ট অহা বুলি গম পাই মোক ফোন কৰি কলে- তেজৰ ৰিপোৰ্ট আহিছে। আহক, ৰেডিয়েশ্বনৰ আগতেই আমি কেমোৰ ডাক্তৰক ৰিপেৰ্টটো দেখাও। ফোন পাই মই লৰালৰিকৈ প্ৰাইভেট বিভাগলৈ গলো। দুই বজাত আমি তেজৰ ৰিপৰ্ট ডাক্তৰক দেখুৱালোঁ৷ ৰিপোৰ্ট চাই ডাক্তৰে ক'লে- মই কৰিবলৈ দিয়া টেষ্ট কৰা হোৱা নাই। এইটো পৰীক্ষা কৰাৰ দৰ্কাৰে নাছিল। এইদৰে কৈ ডাক্তৰে ভাস্কৰ নামৰ মানুহ এজনক ফোন কৰি সুধিলে- আপোনাৰ তাত অমুক পৰীক্ষা কৰা সম্ভৱ হ'ব নেকি? যদি হয়, মই মানুহ পঠিয়াই আছো। পৰীক্ষাটো কৰি দিব লাগিব।

একেটা পৰিসৰতে দুই ধৰণৰ বিল্ডিং। এটা ৰোগীসকলৰ যাৱতীয় চিকিৎসাপাতিৰ কাৰণে ইনডোৰ বিল্ডিং আৰু এটা ডাক্তৰসকলৰ ৰোগী চোৱা আৰু প্ৰশাসনিক যাৱতীয় কাম-কাজ পৰিচালনাৰ কাৰণে ওপিডি বিল্ডিং। ৰোগী চোৱা আৰু প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ কাৰণে আকৌ দুটা বিভাগ আছে। এটা প্ৰাইভেট আৰু আনটো চৰকাৰী। ৰোগী চোৱা আৰু প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ কাৰণে নিৰ্ধাৰিত বিল্ডিংটো দুমহলীয়া।প্ৰাইভেট বিভাগটো ওপৰ মহলাত আৰু চৰকাৰী বিভাগটো তলৰ মহলাত। মোৰ নাম পঞ্জীয়ন কৰাইছিলো প্ৰাইভেট বিভাগত। শ্বাহজাহানে প্ৰাইভেট বিভাগলৈ গৈ কাউণ্টাৰত সুধি তেজৰ ৰিপোৰ্ট অহা বুলি গম পাই মোক ফোন কৰি কলে- তেজৰ ৰিপোৰ্ট আহিছে। আহক, ৰেডিয়েশ্বনৰ আগতেই আমি কেমোৰ ডাক্তৰক ৰিপেৰ্টটো দেখাও। ফোন পাই মই লৰালৰিকৈ প্ৰাইভেট বিভাগলৈ গলো। দুই বজাত আমি তেজৰ ৰিপৰ্ট ডাক্তৰক দেখুৱালোঁ৷ ৰিপোৰ্ট চাই ডাক্তৰে ক'লে- মই কৰিবলৈ দিয়া টেষ্ট কৰা হোৱা নাই। এইটো পৰীক্ষা কৰাৰ দৰ্কাৰে নাছিল। এইদৰে কৈ ডাক্তৰে ভাস্কৰ নামৰ মানুহ এজনক ফোন কৰি সুধিলে- আপোনাৰ তাত অমুক পৰীক্ষা কৰা সম্ভৱ হ'ব নেকি? যদি হয়, মই মানুহ পঠিয়াই আছো। পৰীক্ষাটো কৰি দিব লাগিব।    সি প্ৰান্তৰৰ পৰা ভাস্কৰে পৰীক্ষা কৰিব পৰা যাব বুলি কলে।

    ডাক্তৰে আমাক ভাস্কৰৰ ফোন নম্বৰ দিলে। আমি ফোন নম্বৰ লৈ ৰেডিয়েশ্বন লবলৈ আহিলোঁ৷ সিদিনা আছিল ২২ মে'২:৩০ বজাত দ্বিতীয়টো ৰেডিয়েশ্বন লোৱা হল। ৰেডিয়েশ্বন লোৱাৰ পাছত ভাস্কৰক ফোন কৰিলোঁ। ভাস্কৰৰ চেম্বাৰ খানাপাৰাৰ কোনোবা এক ঠাইতভাস্কৰে ফোন ৰিচিভ কৰি ক'লে- আপোনালোক খানাপাৰালৈ আহিব নালাগে।মই হাস্পতাললৈ গৈ তেজ সংগ্ৰহ কৰি লৈ আহিম।দুদিনমান পলম হব।যোৱাৰ আগতে ফোন কৰি যাম।

    লগে লগে মই কাদেৰক ফোন কৰিলোঁ। কাদেৰ ওচৰতে কৰবাত আছিল। তেওঁ আমাক জালুকবাৰীলৈ লৈ আহিল২৩ মেত বুদ্ধ পূৰ্ণিমাৰ বাবে চিকিৎসালয়খন বন্ধ থাকিবগতিকে শ্বাহজাহান ঘৰলৈ গুচি আহিল। কাদেৰে মোক ৰাহুলৰ ভাৰাঘৰত নমাই দিলে।

    ৰাহুলে সন্ধিয়া ৰুমলৈ আহি ভাড়াঘৰ বিচাৰিবলৈ ধৰিলে। ৰুম বহুত আছে যদিও কোনেও ৰুম দিবলৈ মান্তি হোৱা নহল। কৰ্কট ৰোগী। তাৰবাবেই হয়তো ৰুমলৈ দিবলৈ সন্মত হোৱা নাছিল ২৩ তাৰিখৰ নিশা শংকৰদেৱ লজলৈ ফোন কৰি গম পালোঁ যে, তাত এটা ৰুম আছে। পাছদিনা ৰাতিপুৱা কাদেৰৰ টেম্পোত উঠি শংকৰদেৱ লজলৈ গৈ ৰুম বুকিং কৰিলোঁ। ভাড়া প্ৰতিদিনে চাৰিশ টকাসিদিনা মোৰ লগত আছিল মাজু পুতেক ছোলেমান কবীৰছোলেমান কবীৰ সিদিনাই ৰাতিপুৱা ঘৰৰ পৰা গুৱাহাটীলৈ গৈছিল আৰু তেওঁক আমি জালুকবাৰীৰ পৰা টেম্পোত তুলি লৈ আহিছিলো।সিদিনা আছিল ২৪ মেশুকুৰবাৰ। ৰুমটো ঠিক কৰি থানথিত লগাই লোৱাৰ পাছত দুপৰীয়া ৩ বজাত ৰেডিয়েশ্বন ললোৰেডিয়েশ্বনৰ পাছত মই আৰু ছোলেমান কবীৰ ৰুমলৈ আহিলোঁ। ইফালে ঘৰৰ পৰা ৰন্ধা-বঢ়াৰ সা-সৰঞ্জাম লৈ মোৰ পৰিবাৰ তাৰাবানু আবেলি শংকৰদেৱ লজলৈ আহিল। ছোলেমান কবীৰ সেইদিনা ৰাতি আমাৰ লগতে থাকিল। শনিবাৰ আৰু দেওবাৰ হাস্পতাল বন্ধ থাকিব সেয়ে ছোলেমান কবীৰ শনিবাৰে ৰাতিপুৱা ঘৰলৈ গুচি আহিল।

    আমি সোমবাৰ ২৭ মেৰ পৰা ৩০ মে বৃহস্পতিবাৰলৈকে ৪ দিন ৰেডিয়েশ্বন ললো। এই কেইদিন মোৰ লগত আছিল মোৰ পৰিবাৰ তাৰাভানু। ইয়াৰ মাজতে এদিন আমাৰ ভাৰাঘৰলৈ আহি ভাস্কৰে তেজ সংগ্ৰহ কৰি লৈ গল। তেজ দিল্লীৰ পৰা পৰীক্ষা কৰি আনিব লাগেগতিকে তেওঁ কলে যে, ৰিপৰ্ট আহোঁতে দুদিন পলম হব।ৰিপোৰ্ট আহিলে তেওঁ আমাৰ ৰুমলৈ আহি ৰিপোৰ্ট দি যাব বুলি জনালে। কোৱামতেই দুদিন পাছত অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া আমাৰ ৰুমলৈ আহি ভাস্কৰে তেজৰ ৰিপৰ্ট দি গ শনিবাৰ আৰু দেওবাৰ বন্ধ থকাৰ কাৰণে দুদিন শুই-বহি কটালোঁ।

    শুক্ৰবাৰে ৰাতিপুৱা ছোলেমান কবীৰ গুৱাহাটীলৈ গল। ছোলেমান কবীৰক লৈ ৯ বজাত কেমো ডাক্তৰৰ ওচৰলৈ গলোঁ৷ ভাস্কৰৰ ৰিপোৰ্ট ডাক্তৰৰ ওচৰত জমা দিয়া হৰিপোৰ্ট চোৱাৰ পাছত ডাক্তৰে ক'লে- সকলো ঠিকেই আছে। কাইলৈ ​​কেমো দিয়া হব। এইদৰে কৈ ডাক্তৰে তেজ পৰীক্ষা কৰিবলৈ লিখি দিলে পৰীক্ষা কৰিবলৈ তেজৰ কউণ্টাৰত তেজ দি ৰেডিয়েশ্বনৰ ওয়েটিং ৰুমলৈ আহি ৰেডিয়েশ্বনৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলো। আঢ়ৈ বজাত ৰেডিয়েশ্বন ললো। ৰেডিয়েশ্বন লোৱাৰ পাছত কেমো থেৰাপিৰ ডাক্তৰৰ ওচৰলৈ গলো। তেজৰ ৰিপৰ্ট চোৱাৰ পাছত ডাক্তৰে চৈধ্য হাজাৰ ছশ চল্লিছ টকা কাউণ্টাৰত জমা দিবলৈ কলে(কেমো থেৰাপি প্লেনিং চাৰ্জ ১২০০০ টকা ছটা কেমোৰ বাবে, ডে কেয়াৰ বেজ চাৰ্জ ১৯৮০ টকা(প্ৰতিটো কেমোৰ বাবে)৬৬০ টকা ডে কেয়াৰ কেমো থেৰাপি চাৰ্জ)।টকাখিনি কাউণ্টাৰত জমা দিলো। পাছদিনা শনিবাৰে ৰাতিপুৱা ৮ বজাত হাস্পতালৰ ফাৰ্মাচিলৈ গৈ ৯৮৪ টকাৰ ঔষধ লৈ ডে কেয়াৰ কেমো থেৰাপি প্ৰদান কৰা কাউণ্টাৰলৈ গৈ ঔষধখিনি জমা দিলো।(এইখিনিতে উল্লেখ কৰা উচিত হব যে, মোৰ কাৰণে নিৰ্ধাৰিত কেমো থিৰাপিৰ মূল্য ৯৮৪ টকা হলেও কেমো থেৰাপি ঔষধৰ ভিন ভিন মূল্য আছে। জানিব পৰা মতে, ২৫০০০ টকাৰ পৰা ৭ লাখ ৮ লাখ টকাৰ কেমো থেৰাপিও আছে। আমাৰ জোঁৱাই আব্দুল ৰেজ্জাকক ২৫০০০ টকাৰ কেমো থেৰাপি দিয়া হৈছিল।)কাউণ্টাৰত ঔষধ জমা দি মোৰ বাবে নিৰ্ধাৰিত ৰুমলৈ গৈ এটি বিছনাত বহি কেমো থেৰাপিৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। ৮:৫৪ বজাত এগৰাকী নাৰ্চে আহি মোৰ ফাইল চাই মোক কেমো থেৰাপিৰ চেলাইন দিলে। কেমো প্ৰদান কৰাৰ আগতে মোৰ অলপ ভয় লাগিছিল। শুনিছিলো, কেমোৰ সময়ত মানুহে বমি কৰে। অৱশ্যে মোৰ একো নহল। বৰ আৰামত কেমো ললোঁ। নাৰ্চজনীও বৰ ভাল আছিলব্যৱহাৰ অতি বন্ধুত্বপূৰ্ণ। মণিপুৰী নাৰ্চএটা এটাকৈ মুঠ ছটা চেলাইন দিলে। প্ৰায় পাঁচ-ছয় ঘণ্টা লাগিল চেলাইন কেইটা দিওঁতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সময়খিনি ভালদৰে পাৰ হৈ গল।

    মই কেমো থেৰাপি লৈ থকা অৱস্থাত চান মাহমুদ আৰু তাজ উদ্দিন চাহাব মোৰ স্বাস্থ্যৰ বুজ লবলৈ গৈছিল। চান মাহমুদ মোৰ ছাত্ৰ আৰু তাজ উদ্দিন আমাৰ আত্মীয়মোৰ মোমায়েকৰ ছোৱালীৰ গিৰিয়েক। তেওঁলোকে প্ৰথমে অসমৰ অন্যান্য পিচপৰা শ্ৰেণীৰ সভাপতি অমৰ গগৈক লগ কৰিবলৈ গৈছিল। অমৰ গগৈয়ে মোৰ স্বাস্থ্যৰ বুজ লবলৈ ফোন কৰিছিল আৰু তেতিয়া চান মাহমুদ আৰু তাজ উদ্দিন চাহাব মোৰ ওচৰলৈ যাব বুলি আগতীয়াকৈ মোক ফোন কৰি জনাইছিলঅমৰ গগৈ বৰ বন্ধুত্বপূৰ্ণ ব্যক্তি। তেওঁৰ পৰিবাৰো বৰ অতিথিপৰায়ণ। অমৰ গগৈৰ লগত মোৰ সম্পৰ্ক ভাল।

    মোৰ ডিঙিৰ উভয় কাষৰ টনচিলবোৰ কিছু অলপ ফুলি উঠিছিল কেমো লোৱাৰ পাছত টনচিল সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ গল। ফলত মোৰ যি সামান্য ৰোগ আছিল,  সেয়া যেন ভাল হৈ গল। সিদিনা ফৰকাল মনেৰে ৰূমলৈ আহি কলৰ সৈতে মাকৈৰ ছাতু খালোঁ। পিছদিনা দেওবাৰ। দেওবাৰৰ দিনটো ৰুমতে কটালোঁ। ৩ জুনৰ পৰা আকৌ ৰেডিয়েশ্বন লবলৈ আৰম্ভ কৰিলোঁ। দুই তিনিদিন ৰেডিয়েশ্বন লোৱাৰ পাছত মোৰ মুখখন শুকান শুকান অনুভৱ হবলৈ ধৰিলেফলত খোৱা-বোৱাতো কিছু অসুবিধা হবলৈ ধৰিলে।মোৰ গেষ্ট্ৰিকৰ কোনো সমস্যা নাছিল। কেমো থেৰাপি লোৱাৰ পাছত গেষ্ট্ৰাইটিছে দেখা দিলেমোৰ বুকু জ্বলা-পোৰা কৰিবলৈ ধৰিলে। মই আমাৰ সৰুটো পুতেক ৰাহুলক কেঁচা অমিতা আনিবলৈ খবৰ পঠালোঁ। আগতে মোৰ গেষ্ট্ৰিকৰ সমস্যা হলে কেঁচা অমিতা খালে গেষ্ট্ৰাইটিছ ভাল হৈছিল। আচলতে মই ঔষধ কম ব্যৱহাৰ কৰিছিলো অসুখ-বিসুখ হলে প্ৰাকৃতিক উপায়েৰে ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰিছিলোঁ। সেয়ে ৰাহুলক কেঁচা অমিতা আনিবলৈ কলোঁ৷

    ৰাহুলে কেঁচা অমিতা আনি দিয়াৰ পাছত জুতি লগাই অমিতা খালোঁ। ফলত গেষ্ট্ৰিকৰ সমস্যা দূৰ হকিন্তু আন সমস্যা গা কৰি উঠিল। মোৰ মুখত ঘাঁ দেখা দিলেখোৱা-বোৱাত অসুবিধা হল। গোটা খাদ্য গ্ৰহণ কৰাতো দূৰৰে কথা, তৰল পদাৰ্থ খোৱাটোও কঠিন হৈ পৰিলবলৈ গলে মোৰ খোৱা-লোৱা একপ্ৰকাৰ বন্ধ হৈ পৰিল। তৰল খাদ্যও খুব কষ্ট কৰি গ্ৰহণ কৰিব লগা হল। সেয়ে ৩ জুনৰ পৰা ৭ জুনলৈকে খুব কষ্ট কৰি ৰেডিয়েশ্বন ললোঁ। ভালকৈ খোৱা-বোৱা নকৰাৰ ফলত মোৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হল।

    প্ৰতি শুকুৰবাৰে ৰেডিয়েশ্বন আৰু কেমো থেৰাপিৰ ডাক্তৰৰ ওচৰত ফাইল জমা দিব লাগে। ৭ জুন শুক্ৰবাৰে ৰেডিয়েশ্বন লোৱাৰ পাছত প্ৰথমে ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰত ফাইল জমা দিলোঁ। ৰেডিয়েশ্বন ডাক্তৰে ফাইল চাই ৰেডিয়েশ্বন চলাই থাকিবলৈ প্ৰেছক্ৰিপশ্বন লিখি দিলে। ৰেডিয়েশ্বন ডাক্তৰৰ পৰা ফাইল আনি কেমো ডাক্তৰৰ ওচৰত জমা দিলোঁ। কেমো থেৰাপি ডাক্তৰে তেজ পৰীক্ষা কৰিবলৈ লিখি দিলেপৰীক্ষাৰ বাবে তেজ দিলোঘণ্টা পাছত তেজৰ ৰিপৰ্ট আহিলতেজৰ ৰিপৰ্ট চাই ডাক্তৰে কেমো লবলৈ প্ৰেছক্ৰিপশ্বন লিখি দিলে। শনিবাৰে মই কেমো ললোপিছদিনা দেওবাৰ। গতিকে ওৰেটো দিন ৰুমতে শুই-বহি কটালোঁ।

    ১০ জুনৰ পৰা ১২ জুনলৈকে পুনৰ ৰেডিয়েশ্বন ললোঁ। ইফালে মোৰ মুখৰ ঘাঁই তীব্ৰ আকাৰ ধাৰণ কৰিলেফলত খোৱা-বোৱা একপ্ৰকাৰ বন্ধ হোৱাৰ উপক্ৰম হল। আগতে কষ্ট হলেও তৰল পদাৰ্থ গিলিব পাৰিছিলোঁশেষত এনেকুৱা পৰ্যায় পালেগৈ যে, তৰল পদাৰ্থও গিলিব নোৱাৰা হলো। অৰ্থাৎ দিনটো প্ৰায় নোখোৱাকৈয়ে পাৰ কৰিব লগা হইয়াৰ মাজতো মই ৰেডিয়েশ্বন অব্যাহত ৰাখিলোঁ।

    আগতেই কোৱা হৈছে যে, প্ৰতি শুকুৰবাৰে ৰেডিয়েশ্বন আৰু কেমোথেৰাপিৰ চিকিৎসকৰ ওচৰত ফাইল জমা দিব লাগে। কিন্তু খোৱা-বোৱাত অসুবিধা হোৱাৰ বাবে মই ১৩ জুন বৃহস্পতিবাৰে ৰেডিয়েশ্বন লোৱাৰ পাছত মোৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰত ফাইল জমা দিলোঁ। তেতিয়া সম্ভৱতঃ তিনি বাজি গৈছিলমানুহ সিমান নাছিল। গতিকে খন্তেক পাছতে ডাক্তৰে আমাক মাতিলে। সিদিনা মোৰ লগত আছিল মোৰ পৰিবাৰ তাৰাবানু। আমি ডাক্তৰৰ ওচৰলৈ গৈ মোৰ সমস্যাৰ বিষয়ে ডাক্তৰক অৱগত কৰিলো।ডাক্তৰে ক'লে- খোৱা-বোৱা কৰিব নোৱাৰিলে অসুবিধা হ'ব।যদি দুৰ্বল হৈ পৰে, তেনেহলে ৰেডিয়েশ্বন বন্ধ কৰাৰ বাহিৰে বেলেগ উপায় নাথাকিব। ইফালে ৰেডিয়েশ্বন বন্ধ ৰাখিলেও অসুবিধা হব। প্ৰয়োজন হলে টিউব(পাইপ)ৰ সহায়ত খোৱা-লোৱাৰ ব্যৱস্থা কৰিব লাগিব

    সিদিনা কোনো পুতেক আমাৰ লগত নথকাৰ কাৰণে পাইপ লগোৱা নহল। শুকুৰবাৰে মাজু পুতেক ছোলেমান কবীৰ যোৱাৰ কথাসেয়ে ভাবিলোঁ,  কবীৰ আহিলে কবীৰৰ লগত আলোচনা কৰি পাইপ লগাই লম। সিদিনাৰ কাৰণে ৰুমলৈ গুচি আহিলোঁ। ১৪ জুনৰ ৰাতিপুৱা ছোলেমান কবীৰ ৰুমলৈ আহিল। সিদিনা ৰাতিপুৱা কেমো ডাক্তৰৰ ওচৰলৈ গৈ ফাইল জমা দিলোঁ। কেমো থেৰাপি ডাক্তৰে তেজ পৰীক্ষা কৰিবলৈ লিখি দিলে। ব্লাড টেষ্ট কৰিবলৈ দি দুপৰীয়া ২ বজাত ৰেডিয়েশ্বন ললো। ৰেডিয়েশ্বন লোৱাৰ পাছত প্ৰতি শুক্ৰবাৰৰ দৰে ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰত ফাইল জমা দিলোঁ। কিন্তু কিবা কাৰণত ৰেডিয়েশ্বন ডাক্তৰজন চেম্বাৰত নাছিল। সেয়ে ফাইলটো আনি কেমো থেৰাপি ডাক্তৰৰ ওচৰত জমা দিলোঁ। কেমো থেৰাপি ডাক্তৰে মোৰ তেজৰ ৰিপৰ্ট চাই ক'লে যে, মোৰ তেজত ডাস্ট জমিছেগতিকে কেমো প্ৰদান কৰা সম্ভৱ নহব।

    এইদৰে কৈ প্ৰচুৰ পৰিমাণে পানী খাবলৈ পৰামৰ্শ দি ডাক্তৰে আমাক বিদায় দিলে।

     কেমো থেৰাপি ডাক্তৰৰ পৰা পুনৰ ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰলৈ আহিলোঁ ডাক্তৰে মোৰ অৱস্থা দেখি ৰেডিয়েশ্বন বন্ধ ৰাখি নাকত টিউব লগাবলৈ লিখি দিলে। তেতিয়া অনুষ্ঠান বন্ধ হওঁ হওঁ অৱস্থা। গতিকে আমি খৰধৰকৈ আহি নাকত পাইপ লগালোঅৰ্থাৎ সিদিনা ১৪ জুনৰ পৰা মুখেৰে খোৱা বন্ধ ল। সিদিনা নিশাৰ পৰা পাইপৰ সহায়ত খাবলৈ ধৰিলোঁ। মই ১৪ জুনৰ পৰা ৮ আগষ্টলৈকে ৫৫ দিন পাইপৰ জৰিয়তে খাইছিলোঁ পাইপৰ সহায়ত খাই থাকোঁতে প্ৰায় প্ৰতিদিন এষাৰ কথা মনত পৰিছিলএই কথাটো অলপ বুজাই কওঁ ৰবহুদিন আগতে আমাৰ এজনী গুজৰাটী ম'হ আছিল। মহজনী খীৰতী আছিল। ম'হজনীয়ে তেনেকৈ ঘাঁহ-পানী খোৱা নাছিল। ইফালে ভালদৰে ঘাঁহ-পানী নাখালে গাখীৰৰ যোগান কমি যাব। গতিকে মই পানীৰ লগত মিহি তুঁহৰ ভূষি মিহলাই এটি বাঁহৰ চোঙাৰে বলপূৰ্বক মহৰ মুখত ঢালি দিছিলোঁতেতিয়া ম'হজনীয়ে অনিচ্ছাসত্ত্বেও খাবলৈ বাধ্য হৈছিল আৰু তেতিয়া নীৰিহ মহজনীয়ে মোৰ ফালে বৰ খঙেৰে সৈতে চাই থাকিছিলহজনীৰ চাৱনি দেখি তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন ম'হজনীয়ে পাৰিলে মোক চোবাই খাব। বিশেষকৈ মোৰ পত্নী তাৰাবানুৱে মোক পাইপেৰে খুৱাইছিল। পাইপেৰে খুওৱাৰ সময়ত মই ম'হজনীৰ দৰেই অসহায়ভাৱে চাইছিলোঁ মোৰ পত্নীৰ মুখলৈ চাই থাকিছিলোঁতেতিয়া মই ভাবিছিলোঁ, যে হয়তো মই মহজনীক জোৰকৈ খুওৱাৰ কাৰণেই মহজনীৰ দৰে খাবলৈ বাধ্য কৰোৱাৰ বাবে মোৰ কেন্সাৰ হৈছে!

                ১৬ জুন দেওবাৰ আৰু ১৭ জুন সোমবাৰে বকৰিদ। সেয়ে দেওবাৰে পুৱা ছোলেমান কবীৰ ঘৰলৈ গুচি আহিছিল বকৰীদৰ আগদিনা নিশা মোৰ তীব্ৰ জ্বৰ উঠিলৰাহুল গুৱাহাটীতে আছিলসেয়ে ৰাহুলক খবৰ দিয়া হল। খবৰ পোৱাৰ লগে লগে ৰাহুল ভাৰাঘৰলৈ আহিলজ্বৰ উঠা বুলি ঘৰলৈকো ফোন যোগে খবৰ দিয়া হখবৰ পাই বকৰীদৰ পিছদিনা ৰাতিপুৱা আঠ বজাত শ্বাহজাহান ভাৰাঘৰলৈ আহিলতেতিয়া মোৰ জ্বৰ খুবেই তীব্ৰ। আচ্ছন্নৰ দৰে পৰি আছো বিছনাত। ৰাতিপুৱা ন বজাত ছাহজাহান আৰু ৰাহুলে মোক এখন ই-ৰিক্সাত তুলি বি, বৰুৱালৈ হাস্পতাললৈ লৈ আহিল। মোৰ অৱস্থা দেখি ডাক্তৰে মোক চিকিৎসালয়ত ভৰ্তি কৰিলে। সিদিনা দিনটো আছিল ১৮ জুন আৰু সময় আছিল ৰাতিপুৱা ১১:৩০ বজামোৰ বিচনাৰ নম্বৰ আছিল ৯০৬।

    ভৰ্তি কৰোৱাৰ পাছত চিকিৎসা আৰম্ভ হঅবিৰত চিকিৎসা। এটাৰ পিছত এটাকৈ চেলাইন আৰু বেজী।২০ জুনত মোৰ অৱস্থা একেবাৰে কাহিল হৈ পৰিল। শেষৰাতি মোৰ মুখেদি তেজ ওলাবলৈ ধৰিলে। তেজ মানে একেবাৰে ভিতৰৰ পৰা নহয়, মুখৰ ঘাঁৰ পৰা। সিদিনা মোৰ লগত আছিল ছোলেমান কবীৰ আৰু বোৱাৰী নূৰ জাহান।সিহঁত টোপনিত লালকাল দি থকাৰ কাৰণে নামাতিলো। মই তেতিয়া ফেচবুকত এটা পোস্ট লিখিলোঁ পোস্টটো আছিল হুবহু এনেকুৱা- মৃত্যুক মই একেবাৰে ওচৰৰ পৰা চাই আছোঁ. কোন সময়ত অন্তিমটো নিশ্বাস লওঁ ঠিক নাই। জীয়াই থাকিলে আকৌ লগ পাম, নহলে এইটোৱে মোৰ শেষ পোস্ট হব পাৰে।

    সূৰ্যোদয়ৰ লগে লগে নাৰ্চে আহি ইনজেকশ্বন আৰু চেলাইন দিলে। লগে লগে তেজ পৰা বন্ধ হল। ডাক্তাৰ আৰু নাৰ্চসকলৰ নেৰানেপেৰা চেষ্টাৰ ফলত ২৩ জুনত কিছু সুস্থ হৈ উঠিলোঁ।  সেয়ে ২৪ জুন সোমবাৰে পুনৰ ৰেডিয়েশ্বন দিয়া হল। ২৫ জুনৰ পুৱা মোক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হল। সিদিনা ঠিক দুই বজাত ৰেডিয়েশ্বন লৈ ভাড়াঘৰলৈ আহিলোঁ৷ তাৰ পাছত ২৮ তাৰিখ শুকুৰবাৰলৈকে ৰেডিয়েশ্বন লোৱাৰ পাছত ২৯ তাৰিখ শনিবাৰে কেমো ললো। ইতিমধ্যে মোৰ ২৩ টা ৰেডিয়েশ্বন আৰু ৩ টা কেমো লোৱা হৈ গ ৩০ জুন ৰবিবাৰে অনুষ্ঠান বন্ধ। সেয়ে ১ জুলাইৰ পৰা ৫ জুলাইলৈ পুনৰ ৫টা ৰেডিয়েশ্বন ললোঁ। ৬ জুন শনিবাৰ আৰু ৭ জুন দেওবাৰ। গতিকে অনুষ্ঠান বন্ধজুলাইৰ পৰা ১২ জুলাইলৈকে আৰু ৫টা ৰেডিয়েশ্বন আৰু ১৩ জুলাইত ৪ নং কেমো থেৰাপিটো লোৱা হল। সিদিনা কেমো থেৰাপি লোৱাত অলপ অসুবিধা হৈছিল। অনুষ্ঠানটোত নিশা ৯ বজালৈকে কেমো প্ৰদান কৰা হয়। নিশা ৯ বজাৰ পাছত কোনো ধৰণৰ কেমো প্ৰদান কৰা নহয়। সেয়ে কিবা কাৰণত কেমো সম্পূৰ্ণ নহলে পাছদিনা ৰাতিপুৱা ৰৈ থকা চেলাইনখিনি প্ৰদান কৰা হয়। ইয়াৰ বাবে নতুনকৈ ঔষধ কিনা বা ছিটভাড়াৰ দিয়াৰ প্ৰয়োজন নহয়

    ৰাতি ৯ বজালৈকে কেমো চলি থাকিল যদিও আমাৰ কেমো শেষ নহল। এটা চেলাইন ৰৈ থাকিল। নাৰ্চে আমাক জনালে যে, কাইলৈ ৰাতিপুৱা পাঁচ বজাত চেলাইনটো দিয়া হব। নতুনকৈ চেলাইন কিনা বা ছিটভাড়া দিয়াৰ প্ৰয়োজন নাই। চেলাইন আমাৰ স্টোৰত জমা থাকিব। সিদিনা আমাৰ ডাঙৰ পুতেক সোহৰাব আলী আহমেদ মোৰ লগত আছিল। সেয়ে পাছদিনা ৰাতিপুৱা চেলাইনটো লোৱাৰ সিদ্ধান্ত লৈ আমি ভাড়াৰুমলৈ আহিলো।

    পাছদিনা দোকমোকালিতে সোহৰাব আলী ঘৰলৈ গুচি আহিলতেওঁ চিআৰচিচি(মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক) হিচাপে ধুবুৰী জিলাত কৰ্মৰত আছিল। সিদিনা ধুবুৰীত চিআৰচিচিসকলৰ কিবা জৰুৰী বৈঠক আছিল। সেয়ে তেওঁ সেই বৈঠকত যোগদান কৰাৰ কাৰণে তেনেকৈ গুচি আহিব লগ হৈছিল।

    পাছদিনা ৰাতিপুৱা মোৰ পৰিবাৰ তাৰাবানু আৰু ভাই বোৱাৰী ৰেহেনা পাৰবীনৰ সৈতে হাস্পতাললৈ আহিলোঁ৷ কিন্তু হাস্পতাললৈ গৈ গম পালোঁ যে, অনুষ্ঠানৰ ষ্টকত আমাৰ কাৰণে কোনো ঔষধ মজুত নাই। কাউণ্টাৰত থকা ব্যক্তিজনে আমাক জনালে যে, নতুনকৈ ঔষধ কিনাৰ লগতে নতুনকৈ ছিটভাড়াও দিব লাগিব।গতিকে তাত আমাৰ লগত কিছু বিতৰ্কও হল।মই আগদিনা কেমো প্ৰদান কৰা নাৰ্ছগৰাকীক বিচাৰি গলো।ইতিমধ্যে আঠ বাজি গৈছিল। সেয়ে মই কেমো প্ৰদান কৰা ৰুমটোতে নাৰ্চগৰাকীক পাই গলো। মই নাৰ্চগৰাকীক আমাৰ অসুবিধাৰ কথা জনোৱাত তাই লগে লগে কাউণ্টাৰলৈ আহি কাউণ্টাৰত থকা লৰাজনক সুধিলে- কালি মই নিজে স্টকত ঔষধ জমা থৈ গৈছোঁ, সেই ঔষধ  'লৈ গ'?"

    কাউণ্টাৰত থকা লৰাজনে সেমেনা-সেমেনি কৰিবলৈ ধৰিলে। তেতিয়া নাৰ্চগৰাকীয়ে ক'লে- সেমেনা-সেমেনি কৰি থাকিলে নহ'ব। সোনকালে ঔষধৰ ব্যৱস্থা কৰক।

    তেতিয়া ল'ৰাটোৱে ক'লে- ঠিক আছে, মই ৰুমৰ ব্যৱস্থা কৰি দিম বাৰুমোৰ লগত আহক।

    আমি লৰাটোৰ পিছে পিছে আন এটা ৰুমলৈ আহিলোঁ৷ ল'ৰাজনে তাত নিয়োজিত থকা নাৰ্ছগৰাকীৰ লগত আলোচনা কৰি ক'লে- ইয়াত চেলাইনটো দিয়া হ'ব। অপেক্ষা কৰক। নাৰ্চে আপোনাক মাতিব।

    এইদৰে কৈ লৰাজন গুচি গল। আমি তাতেই ৰৈ থাকিলোআধা ঘণ্টা অপেক্ষা কৰাৰ পাছত এগৰাকী নাৰ্চে আহি ক'লে- যাওঁক, চেলাইনটো লৈ আহকগৈ আপোনাৰ বিচনাখন সাজু কৰা হৈছে। সোনকালে চেলাইন লৈ আহক

    মই ক'লোঁ- আমাৰ চেলাইন দেখোন হাস্পতালতে জমা আছে আকৌ চেলাইন কিনিম কিয়?

    নাৰ্চগৰাকীয়ে ক'লে- আপোনাৰ কাৰণে বিনামূলীয়া বিছনাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু চেলাইন আপুনি কিনিব লাগিব।

    নাৰ্চৰ লগত তৰ্ক কৰি লাভ নাই বুলি মই চিধাই কেমো ডাক্তৰৰ ওচৰলৈ আহি আমাৰ সমস্যাৰ কথা জনালো। তেতিয়া কেমো ডাক্তৰে কলে, যে চেলাইনটো নললেও কোনো সমস্যা নহব। ললে অৱশ্যে ভাল হলহেঁতেনআপুনি ইচ্ছা কৰিলে বেলেগ কাৰোবাক দিও চেলাইনটো লব পাৰিব।

                ডাক্তৰে যেতিয়া জনালে যে, চেলাইন নললেও কোনো সমস্যা নহ, তেতিয়া মই চেলাইন নুলোৱাৰ সিদ্ধান্ত লৈ ৰুমলৈ গুচি আহিলোঁ৷

    সিদিনা মোৰ লগত সংঘটিত হোৱা এই ঘটনাৰ পৰা পৰৱৰ্তী পৰ্যায়ত আন আন ৰোগীসকল নিশ্চিতভাবে উপকৃত হৈছে মোৰ লগত সংঘটিত হোৱা ঘটনাৰ আগতে কেমো থেৰাপি শেষ নহলে পিছদিনা দিয়াৰ নিয়ম আছিল। মোৰ লগত সংঘটিত ঘটনাৰ পাছৰে পৰা হাস্পতাল কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে, কেমো শেষ নোহোৱালৈকে (যিমান সময়ে নালাগক কিয়) চেলাইন প্ৰদান অব্যাহত ৰাখি একেদিনাই কেমো থেৰাপি সম্পূৰ্ণ কৰিব লাগিব। পিছদিনালৈ চেলাইন ৰাখি থব নোৱাৰিব। পাছৰ পৰ্যায়ত কেমো লবলৈ যাওঁতে মই এই কথাৰ প্ৰমাণ পাইছিলোঁ। এগৰাকী নাৰ্চে মোক কৈছিল কথাটোনাৰ্ছগৰাকীক মই চিনি পাইছিলোঁ। কাৰণ সেই নাৰ্ছগৰাকীয়েই মোক প্ৰতিবাৰে কেমো প্ৰদান কৰিছিল। প্ৰায় সকলোবিলাক নাৰ্চেই আছিল মণিপুৰীগতিকে আমাৰ বাবে নাৰ্চসকলক  চিনাক্ত কৰাটো  কঠিন হৈছিল। কাৰণ আমাৰ বাবে প্ৰতি গৰাকী নাৰ্চ দেখাত প্ৰায় একেই আছিল। কিন্তু মোক চেলাইন প্ৰদান কৰা নাৰ্ছগৰাকীৰ বাওঁবাহুত বগা সূতা বন্ধা আছিল। সেয়ে তাইক চিনি পোৱাটো মোৰ বাবে অসুবিধা হোৱা নাছিল। ১২ জুলাইলৈকে ৩৩টা ৰেডিয়েশ্বন লোৱা হ১৩ জুলাই শনিবাৰ আৰু ১৪ জুলাই দেওবাৰ গতিকে অনুষ্ঠান  বন্ধ১৫ জুলাই আৰু ১৬ জুলাইত দুটা বাম্পাৰ ডজ ৰেডিয়েশ্বন দিয়া হসেই সময়ত মোৰ চৰ্দি জ্বৰ হৈছিল। গতিকে ৰেডিয়েশ্বলোৱাত মই বৰ কষ্ট অনুভৱ কৰিছিলোঁ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। দাঁত-মুখ কৰচি কোনোমতে ৰেডিয়েশ্বন লৈছিলোঁ। শেষৰটো ৰেডিয়েশ্বন লওঁতে মোৰ মাস্কটো কফ (শ্লেষ্মা)ৰে ভৰি পৰিছিল। বাহিৰলৈ ওলাই গৈ ভালদৰে মুখখন ধুব লগা হৈছিলশেষৰটো ৰেডিয়েশ্বন লোৱাৰ দিনা মোৰ লগত আছিল শ্বাহজাহানৰ স্ত্ৰী লাকিয়াৰা বেগম।

    ১৬ জুলাইত ৰেডিয়েশ্বন লোৱাৰ পাছত মাজু পুতেকলেমান কবীৰ ঘৰৰ পৰা গৈ চিকিৎসালয়ত আমাক লগ ধৰিছিল। গতিকে ছলেমান বীৰক লৈ ৰেডিয়েশ্বন ডাক্তৰৰ ওচৰলৈ লৈ গলোঁ৷ ডাক্তৰে মোক পৰীক্ষা-নিৰীক্ষা কৰি ৬ সপ্তাহৰ পাছত চেকআপত যাবলৈ পৰামৰ্শ দি ক'লে-ইচ্ছা কৰিলে আপুনি আজিয়ে ঘৰলৈ যাব পাৰিব"

    মুম্বাইৰ পৰা মোক ছটা কেমো লবলৈ প্ৰেছক্ৰিপশ্বন কৰি দিছিলইতিমধ্যে মোৰ চাৰিটা কেমোহে লোৱা হৈছিলসেয়ে মই ক'লো- আজি যোৱা সম্ভৱ নহ'কাৰণ মুম্বাইৰ পৰা মোক ছটা কেমো লবলৈ প্ৰেছক্ৰিপচন কৰি দিছিল। আমাৰ এতিয়ালৈকে মাত্ৰ চাৰিটা কেমোহে লোৱা হৈছে। আৰু দুটা কেমো লবলৈ এতিয়াও বাকী আছে

    ৰেডিয়েশ্বন ডাক্তৰে মোৰ ফাইলটো চাই ক'লে- আপুনি আৰু কেমো লোৱাৰ দৰ্কাৰ নাই আপোনাৰ যথেষ্ট চিকিৎসা হৈছে। বাকী দুটা কেমো নললেও হব। আপুনি আজি কেমো ডাক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰলৈ যাওকগৈ

    ৰেডিয়েশ্বন ডাক্তৰৰ চেম্বাৰৰ পৰা ওলাই অহাৰ পাছত ৰেডিয়েশ্বন ডাক্তৰৰ আপত্তি সত্ত্বেও ছোলেমান কবীৰৰ লগত পৰামৰ্শ কৰি আমি কেমো ডাক্তৰৰ ওচৰলৈ গলোঁ। ৰেডিয়েশ্বন ডাক্তৰে কোৱা কথাখিনি আমি কেমো ডাক্তৰক জনালোঁ৷ তেতিয়া কেমো ডাক্তৰে ক'লে- মুম্বাইৰ পৰা ছটা কেমো লিখি দিছিলছটা নললেও অন্ততঃ আৰু এটা কেমো লওঁক। ললে ভাল হব।

    ডাক্তৰৰ পৰামৰ্শ অনুযায়ী ১৭ জুলাই বুধবাৰে ৰাতিপুৱা ৯ বজাত আৰু এটা কেমো থেৰাপি ললো।নিশা আঠ বজাত কেমো লোৱা শেষ হল। কেমো লোৱাৰ ২৪ ঘণ্টা পাছত এটা বেজী দিয়াৰ কথা আছিলসেয়ে  ১৮ জুলাইৰ নিশা ৯ বজাত ছোলেমান কবীৰৰ লগত গৈ সেই বেজীটো ললোঁ। নিশাটো ভাৰাৰুমতে কটাই ১৯ জুলাই দোকমোকালি ৫ বজাত শংকৰদেৱ লজৰ পৰা ওলাই আহি আমাৰ গাঁৱৰে হামিদুলৰ ওলাত উঠি চাৰে সাতমান বজাত ঘৰ আহি পালোহি

        


 শুভাকাংক্ষীসকলৰ আশীৰ্বাদ তথা শুভেচ্ছা -

    ঘৰলৈ আহি দেখিলোঁ ঘৰৰ সন্মুখত কেইজনমান নাৰী-পুৰুষ গোট খাই আছে। আটাইকেইজন আমাৰ চুবুৰীয়া। সেই উপস্থিত নাৰী-পুৰুষৰ ভিতৰত আছিল আমাৰ মাজু পুতেক শ্বাহজাহানৰ শহুৰেক ৰহমত আলী। সেই সময়ত মোৰ অৱস্থা খুবেই কাহিল আছিল। টেক্সিৰ পৰা ধৰাধৰিকৈ উলিয়াই শ্বাহজাহানৰ শশুৰেক ৰহমত আলীয়ে মোক ধৰাধৰি কৰি ঘৰলৈ আনি বাৰাণ্ডাত বহুৱালে। সিদিনা বৰ গৰম পৰিছিল। টেবুল ফেন এখন আনি মোক বতাহ দিবলৈ ধৰিলে। কিছুসময় পাছত দুই তিনিজনে ধৰাধৰি কৰি মোক মোৰ শোৱনি কোঠালিলৈ আনি বিছনাত শোৱাই দিলে। সেই সময়ত মই আচ্ছন্নৰ দৰে পৰি আছিলোঁমানুহৰ সান্নিধ্য অনুভৱহে কৰিব পাৰিছিলোঁকোঠালিৰ ভিতৰত কোন কোন আছে, কোনে কি কৈছে, এই বিষয়ে মই একো কব নোৱাৰিম

    ঘৰলৈ অহাৰ পাছৰ ঘটনাবোৰ আছিল গতানুগতিকআত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই নিয়মিতভাৱে মোৰ স্বাস্থ্যৰ বুজ লবলৈ আহিছেমোৰ স্বাস্থ্যৰ বুজ লবলৈ অহা আত্মীয়-স্বজনৰ মাজত এনেকুৱা কিছুমান আত্মীয়-স্বজন আছিল যিসকলৰ আমি কোনোদিন খবৰ লোৱা নাই বা আমাৰ ওচৰত তেওঁলোকে তেনেকৈ গুৰুত্ব পোৱা নাই। ঘৰখনত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছেওচৰৰ পৰা অহা সকলক চাহ-পানী যোগান ধৰিব লগা হৈছেদূৰৰ পৰা অহা সকলৰ বাবে ভাত-পানীৰ ব্যৱস্থা কৰিব লগা হৈছেআমাৰ পৰিয়ালৰ সদস্যসকলে কামবোৰ অতি নিষ্ঠাৰে সৈতে পালন কৰি গৈছে। মোক চাবলৈ অহা মানুহবোৰৰ ভিতৰত সৰহ সংখ্যক আমাৰ আত্মীয়-স্বজন আছিল যদিও মোৰ বন্ধুস্থানীয় তথা শুভাকাংক্ষীৰ সংখ্যাও কম নাছিল।

   


শুভাকাংক্ষীসকলৰ মাজত প্ৰথমে গুৱাহাটীৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লোৱাসকলৰ কথা উল্লেখ কৰিব লাগিবসেইসকলৰ ভিতৰত উল্লেখ কৰিব লাগিব মাণিক লাল ভৌমিক আৰু সাহেদ আলী আহমেদৰ নাম তেতিয়া মোৰ অৱস্থা খুবেই কাহিল। ভালদৰে কথা পাতিব নোৱাৰোঁ। তেওঁলোক মই থকা ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নানা ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াইছিল। মাণিক লাল ভৌমিক ষ্টেট বেংকৰ মেনেজাৰ আছিল। এতিয়া অৱসৰ লৈছে। সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত। আন্তঃৰাষ্ট্ৰীয় সাহিত্য সংস্থা কিঞ্চিত গোষ্ঠীৰ তেওঁ মুখ্য সম্পাদক। সাহেদ আলী আহমেদ সংবাদ সেৱা আৰু বিভিন্ন সামাজিক অনুষ্ঠান আৰু সংগঠনৰ লগত জড়িতজনীয়া গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক আহমেদে মোৰ স্বাস্থ্যৰ বুজ লবলৈ আমি থকা ভাড়াঘৰলৈ গৈছিল। তেওঁৰ লগত মহম্মদ আলী আৰু ৰুহুল আমিন নামৰ দুজন ব্যক্তি গৈছিল। মোক লগ ধৰি তেওঁলোকে বিভিন্ন ধৰণে উৎসাহিত কৰিছিল

    মোৰ শৈশৱৰ বন্ধু সকায়েত হোছেইন আৰু আমাৰ গাঁৱৰে দন্ত চিকিৎসক আক্কাছ আলী আমাৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল। ফজল হকৰ পুত্ৰ মোৰ ছাত্ৰ মুক্তাৰ আলী আৰু দিদাৰ আলী মুন্সিৰ পুতেক নাছিৰ উদ্দিন আমাৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল। নাছিৰ উদ্দিন মোৰ সম্পৰ্কীয় ভাগিন। ব্ৰহ্মপুত্ৰ নদৰ গৰাখহনীয়াৰ কবলত পৰি আমি বিভিন্ন ঠাইত বসবাস কৰিব লগা হৈছে। এটা সময়ত আলীগাঁও অঞ্চলৰ ৰাণীৰ পামত বসতি স্থাপন কৰিছিলো। তেতিয়া আমাৰ চুবুৰীয়া আছিল অয়নাল হক, ময়নাল, আনোৱাৰ হোছেইন মোৰ অসুখৰ খবৰ পাই তেওঁলোকে মোৰ স্বাস্থ্যৰ বুজ লবলৈ আমি থকা ভাড়াঘৰলৈ গৈছিল। তেওঁলোক আটায়ে বৰ্তমান গুৱাহাটীৰ বাসিন্দা। আয়নাল আৰু মায়নাল দুজন সহোদৰ ভাতৃ। আনোৱাৰ হোছেইন মোৰ সম্প্কীয় ভাগিনতেতিয়া ডাক্তৰে মোক লোকেল কণী খাবলৈ পৰামৰ্শ দিছিল। গুৱাহাটীত লোকেল কণী পোৱা টান। সেয়ে মায়নাল হকে মোৰ বাবে ১২টা কণী কিনি দিছিল। ঘৰলৈ অহাৰ পাছতো ময়নাল হকে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছিলআমাৰ এসময়ৰ চুবুৰীয়া মুজিবুৰ ৰহমানে দুদিন গুৱাহাটীলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল। এবাৰ হাস্পতালৰ বিছনাত ভৰ্তি থকা অৱস্থাত আৰু এবাৰ মই থকা ভাড়াঘৰলৈ গৈ।মুজিবুৰ ৰহমান আমাৰ সৰু ভাই হোছেইন আলীৰ দোস্তচান মাহমুদ আৰু তাইজুদ্দিন আহমেদ গুৱাহাটীলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিলমই  ঘৰলৈ উভতি অহাৰ দুদিন পাছতে চান মাহমুদ আৰু তাজুদ্দিন মোৰ স্বাস্থ্যৰ বুজবলৈ আহিছিল। তাজুদ্দিনহঁতৰ লগত আহিছিল কয়াকুছিৰ খৰমাৰ তহুৰুদ্দিন, মন্দিয়াৰ হজৰত আলী আৰু এডভোকেট হাফিজুৰ ৰহমান।  

    আমাৰ আত্মীয়-স্বজনৰ ভিতৰত মোৰ খুলশাল হাসৰ আলী,  ভাগিন গোলাপ হুছেইন  আৰু মোৰ প্ৰয়াত খুলশাল হোছেইন আলীৰ পুত্ৰ শ্বাহাদুল ইছলামে মোৰ স্বাস্থ্যৰ বুজ লবলৈ গুৱাহাটীলৈ গৈছিলআমাৰ মোমায়েকৰ ছোৱালী ৰুকিয়া বেগম,  মোমায়েকৰ পুতেক আব্দুল বাছেদ, আন এগৰাকী  মোমায়েকৰ ছোৱালী শিৰিয়া বেগম  আৰু বাছেদ আলীৰ পত্নী সূৰ্যবানুই মোৰ স্বাস্থ্যৰ বুজ লবলৈ গুৱাহাটীলৈ গৈছিল। আমাৰ ভাগিন জিন্নত আলীয়ে গুৱাহাটীত থকা আমাৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল। ঘৰলৈ অহাৰ পাছতো জিন্নত আলী আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছিলমোৰ ডাঙৰ পুতেক ছোহৰাব আলী আহমেদৰ খুলশাল ইমৰাণ হোছেইন আৰু ইমৰাণৰ পত্নী এডভোকেট আল্পনাই গুৱাহাটীত আমাৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল। বি, বৰুৱা কেন্সাৰ হাস্পতালৰ বেডত ভৰ্তি হৈ থকাৰ সময়ত আমাৰ কন্যা আবিদা পাৰবীন, শ্বাহিদা খাতুন,  খালিদা পাৰবীন  আৰু সৰু জীয়েকৰ জোঁৱাই অধিবক্তা আব্দুৰ ৰহমানে গুৱাহাটীলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিলহাস্পতালত ভৰ্তি হৈ থকাৰ সময়ত আমাৰ ডাঙৰ ছোৱালী আমিনা খাতুনেও গুৱাহাটীলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিলমই গুৱাহাটীত চিকিৎসাধীন হৈ থাকোঁতে মোৰ সৰু ভাই ছামছুল হক আৰু তেওঁৰ পত্নী আবিদা বেগম, সৰু ভনীয়েক খোদেজা খাতুন আৰু মোৰ ভনী জোঁৱাই ওয়াজ আলীয়ে গুৱাহাটীলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিলঘৰলৈ অহাৰ পাছতো খোদেজা খাতুন আৰু ভনী জোঁৱাই ওয়াজ আলী আমাৰ ঘৰলৈ কেইবাবাৰো আহি মোৰ স্বাস্থ্যৰ বুজ লৈ গৈছেআমাৰ মোমায়েকৰ পুতেক যতিগাঁৱৰ মজিদুল ইছলাম আৰু ভেৰাগাঁৱৰ জয়নাল আব্দিনে আমাৰ গুৱাহাটীৰ ভাড়াঘৰলৈ গৈ মোৰ স্বাস্থ্যৰ বুজ লৈছিল

    ১৮ জুলাইত ৰেডিয়েশ্বন সম্পূৰ্ণ কৰি ঘৰলৈ অহাৰ পাছত গাঁৱৰ বহু লোক আমাৰ ঘৰলৈ আহি আমাৰ স্বাস্থ্যৰ বুজ লৈছেসেইসকলৰ ভিতৰত আমাৰ ভাগিনী  জোঁৱাই নবুৰ উদ্দিন, বাদশ্বাহ দেৱানী,  ছাজিমুদ্দিন, ছাজিমুদ্দিনৰ লৰা-ছোৱালী, আক্কাছ আলী(দন্ত চিকিৎসক), উবাইদুল্লাহ হক, উবাইদুল্লা হকৰ মাতৃ,  দানেছ আলীৰ পত্নী (শুকুৰ আলীৰ মা), শ্বাহজাহানৰ শহুৰেকৰ ঘৰৰ সকলো মানুহ,  আমাৰ মাজু জীয়েক আবিদাৰৰ শাহুৱেক,  খুলশাল হাসৰ আলী আৰু তেওঁৰ পৰিয়াল, হাছমত আলী আৰু তেওঁৰ পৰিয়ালৰ সকলো মানুহ, প্ৰয়াত ছিদ্দিক আলী মুন্সীৰ পত্নী জয়তন নেছা আৰু তেওঁৰ কন্যা মনোৱাৰা খাতুনে আমাৰ ঘৰলৈ আহি মোৰ বুজ লৈছেমনোৱাৰাৰ স্বামী ফুলচন আলীয়েও আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছেআমাৰ সৰু ভাই হোছেন আলীৰ খুড়া শহুৰেক আবুল কাশেম  আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্য মাজে মাজে আহি মোৰ স্বাস্থ্যৰ বুজ লৈছেআমাৰ পেহীৰ ছোৱালী ছাহেৰা খাতুনে মাজে মাজে আহি মোৰ স্বাস্থ্যৰ বুজ লৈছেআমাৰ মোমায়েকৰ ছোৱালী সাজেদা খাতুন আৰু ৰাছিদা খাতুনে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। সাজেদা খাতুন কেবাদিনো আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। ছোহৰাব আলীৰ খুলশালৰ পত্নী আৰু শাহুৱেকে আণাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। মোৰ দোস্ত ছবুৰ উদ্দিনৰ ডাঙৰ পুতেক মোশ্বাৰফ আৰু ৰূপাকুছিৰ ভাগিন বদৰুদ্দিনে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে।

    বাঘবৰৰ মিলিজুলিৰ আকবৰ আলী আৰু নাগৰ আলী আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছেআকবৰ আলী ছাগলী ব্যৱসায়ৰ লগত জড়িত আৰু তেওঁ দুদিন আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছেআকবৰ আলী চিৰকুমাৰনগৰ আলী আকবৰৰ ভতিজা আৰু আজগৰ আলীৰ পুতেকমোৰ শৈশৱৰ বন্ধু তথা সহপাঠী ভেৰাগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনোৱাৰ হোছেইনে মোৰ স্বাস্থ্যৰ বুজ লৈছেবাঘবৰৰ শুকুৰ আলীয়ে মোৰ স্বাস্থ্যৰ বুজ লবলৈ তিনিদিন আমাৰ ঘৰলৈ আহি গৈছেমোৰ সৰু ভাইটি হুছেইন আলীয়ে মোৰ স্বাস্থ্যৰ খবৰ লবলৈ দুবাৰকৈ গুৱাহাটীলৈ গৈছিল আৰু ঘৰলৈ অহাৰ পাছতো মাজে মাজে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈ আছেমোৰ ডাঙৰ ছোৱালী শ্বাহিদা খাতুন, তেওঁৰ স্বামী আৰু শাহুৱেকে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। আমাৰ ছোৱালীৰ ভিতৰত শ্বাহিদা খাতুনে মোৰ আটাইতকৈ বেছি খবৰ লৈছেমোৰ ডাঙৰ ছোৱালী আমিনা খাতুন কৰ্মসূত্ৰে বঙ্গাইগাঁও জিলাৰ ঔডুবিৰ এখন বিদ্যালয়ত শিক্ষকতা কৰে। তাই মাজে মাজে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈ আছে। বহু লোকে ফোনযোগেও মোৰ স্বাস্থ্যৰ বুজ লৈছে। তেওঁলোকৰ ভিতৰত আছে ডি আই অফিচৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুশীল ৰঞ্জন চৌধুৰী, বেতবাৰীৰ শিক্ষক বন্ধু মুজিবৰ ৰহমান,  গৰেমাৰী পথাৰৰ নুৰুল হক,  সদৌ অসম অনুন্নত শ্ৰেণীৰ সভাপতি অমৰ গগৈ, বৰপেটাৰ মেটুৱাকুছিৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ বায়ন, ধুবুৰীৰ ৰঙামাটিৰ মৌচুমী হোছেইন, জাহোৰপামৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুছ সোৱাহান,  লাৰকুছিৰ সাংবাদিক আক্ৰাম শিকদাৰ, বৰপেটা ৰোডৰ ব্যৱসায়ী গোপাল সাহা,  ৰঙিয়াৰ বিষয় শিক্ষয়িত্ৰী কল্পনা দাস  আৰু জামুগুৰি হাটৰ পুণ্ডাৰীকাক্ষ বৰুৱা।

    বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ মাজত নুৰ হোছেইন, বিশ্ববন্ধু দেৱান (ছাফিকুল ইছলাম), আলী আকবৰ হাছিমি, নুৰুল ইছলাম তালুকদাৰ, আৰু বৰভিটাৰ মিত্ৰ আবুল হোছেইনে মোৰ স্বাস্থ্যৰ বুজ লবলৈ আমাৰ ঘৰলৈ আহিছিল। জাহোৰপাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বন্ধুবৰ আব্দুৰ ৰহমান আৰু দাবালিয়া পাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক তালেবৰ ৰহমানে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈ গৈছে। কুমুল্লীপাৰাৰ আমাৰ সহকৰ্মী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আব্দুল মোতালেব আৰু তেওঁৰ পুতেকে আমাৰ ঘৰলৈ আহি মোৰ স্বাস্থ্যৰ বুজ লৈছে। স্মৃতিয়ে প্ৰতাড়ণা কৰাৰ বাবে হযতো বহুতৰে নাম এই ক্ষুদ্ৰ লিখনিত লিপিৱদ্ধ কৰিব পৰা নগল, তাৰ বাবে মই দুঃখিত। কিছুদিন আগতে আমাৰ চুবুৰীৰ এজন ল'ৰাই মোক কৈছিল- আপোনালোকৰ ঘৰৰ সন্মুখেৰে যাওঁতে প্ৰায় এমাহমান এনেকুৱা লাগিছিল যেন আপোনালোকৰ ঘৰত উৎসৱ চলি আছে"

    এইখিনতে শংকৰদেব লজৰ কথা উল্লেখ নকৰিলেই নহয়। লজটো বি, বৰুৱা কেন্সাৰ হাস্পতালৰ পৰা অনতিদূৰতে অৱস্থিত। খোজকাঢ়ি যাব পৰা যায়। মই ৩৫ টা ৰেডিয়েশ্বন আৰু ৫ কেমো লোৱাৰ কাৰণে লজটোত ৫৮ দিন আছিলো। শঙ্কৰদেব লজৰ মালিক শংকৰ দেৱনাথৰ বয়স কম যদিও বয়সৰ তুলনাত মানুহজন গহীন-গম্ভীৰ। ৰোগীৰ প্ৰতি তেওঁৰ ব্যৱহাৰ খুবেই আন্তৰিকতাপূৰ্ণ।তেওঁৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

    উপসংহাৰ- গুৱাহাটীৰ পৰা অহাৰ সময়ত ডাক্তৰে ৬ সপ্তাহ পাছত চেকআপত যাবলৈ কৈছিল। ২৯ আগষ্টত প্ৰথম চেকআপ কৰিবলৈ যাওঁতে ডাক্তৰে মোক পৰীক্ষা কৰি কোনো ৰোগ নাই বুলি সমিধান দিছিল আৰু ৬ সপ্তাহ পাছত পুনৰ চেকআপত যাবলৈ কৈ পঠাইছিল২২ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে চেকআপ কৰিবলৈ গৈছিলোঁ৷ দ্বিতীয় বাৰ চেকআপ কৰিও ডাক্তৰে মোৰ ৰোগ নাই বুলি সমিধান দিছিলদুমাহৰ পাছত পুনৰ চেকআপত যাবলৈ কৈ পঠাইছিল। দুমাহ পাছত চেকআপত যোৱাতো ডাক্তৰে ৰোগ নাই বুলি সমিধান দিছে। এতিয়ালৈকে পাঁচবাৰ চেকআপত গৈছো। প্ৰতিবাৰেই ডাক্তৰে ৰোগ নাই বুলি সমিধান দিছে।

    অৱশ্যে ৰেডিয়েশ্বনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মোৰ মুখত হোৱা ঘাঁ এতিয়াও আছে। ভাত খাব নোৱাৰো, তৰল খাদ্য গ্ৰহণ কৰিব লাগেজ্বালা খাব নোৱাৰোঁ। মুখত সোৱাদ একেবাৰেই নাই। মুখখন সদায় শুকান হৈ থাকে। ভালদৰে খোৱা-বোৱা কৰিব নোৱাৰা বাবে শৰীৰ দুৰ্বল হৈ আছেএইবোৰ পাৰ্শ্বক্ৰিয়া ভাল হবলৈ প্ৰায় দুবছৰ লাগিব বুলি ডাক্তৰে কৈ পঠাইছে। ধুবুৰীৰ গৌৰীপুৰৰ আব্দুল মোতালেবে মোৰ লগত একেলগে ৰেডিয়েশ্বন আৰু কেমো থেৰাপি লৈছিলজিভাত কামোৰ লাগি হোৱা ঘাঁৰ পৰা তেওঁৰ কৰ্কট ৰোগ হৈছিল। তেওঁৰ শাৰীৰিক অৱস্থাও ঠিক প্ৰায় মোৰ দৰেই। মাজে মাজে তেওঁৰ লগত ফোনত মত বিনিময় কৰো। মোতালেবৰ তথ্য অনুসৰি আমি চিকিৎসাৰ বাবে চাৰিজন একেলগে মুম্বাইলৈ গৈছিলো  আৰু আমাৰ আটায়ে এতিয়া ৰোগ মুক্ত হৈছোযোগীৰ ঘোপাৰ অনাথ চৰকাৰেও মাজে সময়ে ফোন কৰি মোৰ স্বাস্থ্যৰ বুজ লয়। মোতালেব আৰু অনাথ চৰকাৰৰ প্ৰতি মই কৃতজ্ঞ।

    আমাৰ চাৰিজন পুতেক। ছোহৰাব আলী আহমেদ, ছোলেমান কবীৰ, শ্বাহজাহান আলী আহমেদ আৰু ৰাহুল আমিন। ধন আৰু শাৰীৰিক শ্ৰমৰ দ্বাৰা তেওঁলোকে মোৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আমাৰ পুতেকৰ পত্নীকেইজনেও  অসুখৰ সময়ত মোক তেওঁলোকৰ নিজৰ সন্তানৰ দৰে চোৱা-চিতা কৰিছেসেয়ে আটাইৰে প্ৰতি মোৰ মৰম, ভালপোৱা, শুভেচ্ছা থাকিল।

    কৰ্কট ৰোগৰ চিকিৎসা খুবেই কষ্টকৰযিসকলৰ হৈছে তেওঁলোকেহে কব পাৰে, কিমান কষ্টকৰ চিকিৎসা;  এই বিষয়ে আনে কল্পনা কৰাটো সম্ভৱ নহয়। মুখত ঘাঁ হলে খোৱা-বোৱা বন্ধ হৈ যায়। গোটা বস্তু খোৱা সম্ভৱ নহয়খোৱা-বোৱাত অসুবিধাৰ বাবে বহু সময়ত ৰোগীৰ মৃত্যু হয়। গতিকে মুখত ঘাঁ হলে নাকত পাইপ লগাই খোৱাটো ভাল। নাকত পাইপ লগালে খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ সমস্যা নহয় মুখৰ ঘাঁ ভাল হ'বলৈ চিকিৎসকে কোনো ঔষধ নিদিয়েমাত্ৰ বেকিং চোডা আৰু মাউথৱাছৰ দ্বাৰা গাৰ্গল কৰিবলৈ দিয়েগতিকে চিকিৎসকে দিয়া ঔষধ-পথ্য সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। ডাক্তৰৰ পৰামৰ্শ মতে গাৰ্গল নকৰিলে মুখত ঘাঁ বেছি হোৱাৰ সম্ভাৱনা থাকে

    সময়মতে চিকিৎসা কৰিলে ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো সম্ভৱ। মই নিজেই আৰোগ্য লাভ কৰিছোঁ। যিহেতু সময়মতে চিকিৎসাৰ দ্বাৰা ৰোগ নিৰাময় সম্ভৱ, গতিকে ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে চিকিৎসকৰ শৰণাপন্ন হোৱা উচিত।চিকিৎসা কঠিন যদিও বৰ ব্যয়বহুল নহয়। আয়ুষ্মান কাৰ্ড থাকিলে চৰকাৰৰ পৰাও সহায় পাব পাৰিব। ভ্ৰমণৰ বাবেও ৰেলৰ টিকট বিনামূলীয়া।

    অংকলজিষ্ট ডাক্তৰসকল ৰোগীৰ প্ৰতি খুবেই সহানুভূতিশীল। এই ক্ষেত্ৰত হেড আৰু নেকৰ অংকোলজিষ্ট চাৰ্জিকেল ডাক্তৰ অধ্যাপক তাচনিন ৰহমানৰ কথা উল্লেখ নকৰিলে মোক পাপে চুব।ডাক্তৰ তাচনিন ৰহমানৰ ব্যৱহাৰ খুবেই আন্তৰিকতাপূৰ্ণ। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো। বি, বৰুৱা কেন্সাৰ হাস্পতালৰ আটাইকেইজন ডাক্তৰে ৰোগীৰ প্ৰতি সহানুভূতিশীল। নাম নজনা কাৰণে তেওঁলোকৰ নাম উল্লখ কৰিব পৰা নগল। তাৰ বাবে মই দুঃখিত। ৰেচেপশ্বনিষ্ট সংগীতা ভূঞা আৰু সুনীতা সিনহাৰ ব্যৱহাৰো খুবেই আন্তৰিকতাপূৰ্ণ আছিল। নাৰ্ছসকলো ৰোগীৰ প্ৰতি দয়ালু আৰু সহানুভূতিশীল। গুৱাহাটীত কোনো অসমীয়া বা মুছলমান নাৰ্ছ দেখা নাপালোঁ। মণিপুৰী নাৰ্ছৰ সংখ্যা অধিকতেওঁলোকৰ আচৰণ অতি আন্তৰিক আৰু কৰ্তব্যৰ প্ৰতি খুবেই সচেতন।মই পাঁচটা কেমো লৈছিলোঁ।সংযোগবশতঃ এগৰাকী মণিপুৰী নাৰ্চেই মোক পাঁচ টা কেমো থেৰাপি প্ৰদান কৰিছিল।তাইৰ ব্যৱহাৰ খুবেই আন্তৰিকতাপূৰ্ণ আছিল। কিন্তু নাম নজনা কাৰণে তাইৰ নাম এইখন গ্ৰন্থত উল্লেখ কৰিব পৰা নগল। তাৰ বাবে মই দুঃখিত। যোৱা ১২/২৫ জুনত চেকআপলৈ যাওঁতে তাইৰ নাম উদ্ধাৰৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলো, কিন্তু কোনেও তাইৰ সন্ধান দিব নোৱাৰিলে।পৰৱৰ্তী পৰ্যায়ত তাইৰ নাম উদ্ধাৰ কৰি এই ক্ষুদ্ৰ গ্ৰন্থত লিপিৱদ্ধ কৰাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। মোক ৰেডিয়েশ্বন প্ৰদান কৰা শচীন বৰ্মনৰ নামো এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব। শচীন বৰ্মনৰ ব্যৱহাৰো খুবেই আন্তৰিকতপূৰ্ণ আছিল। শচীন বৰ্মনৰ ঘৰ নলবাৰীত।ৰেডিয়েশ্বন লোৱাৰ সময়ত বৰ্মনে মোক সাহস যোগাইছিল। এইখিনিতে উল্লেখ কৰা উচিত হব যে, দন্ত চিকিৎসক ডাক্তৰ মানস ৰাজখোৱাৰ ব্যৱহাৰ খুবেই আন্তৰিকতা পূৰ্ণ আছিল।তেওঁৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰৰ কথা জীয়াই থকা দিনকেইটাত নিশ্চয় মনত থাকিব। মই সদায় হাৰ্ড ব্ৰাছ ব্যৱহাৰ কৰিছিলো, যাৰ ফলত মোৰ বহুকেইটা দাঁত ক্ষয় হৈছিল। সেয়ে ২০২৫ চনৰ ১২ জুনত ৭ নং চেকআপলৈ যোৱাৰ সময়ত ৰেডিওলজিস্ট ডাক্তৰ অধ্যাপক তাচনিন ৰহমানে মোৰ ক্ষয় যোৱা দাঁতবোৰ চাই দন্ত চিকিসকৰ ওচৰলৈ লিখি পঠাইছিল।দন্ত চিকিসকৰ ওচৰলৈ যোৱাত দন্ত চিকিসক ডাক্তৰ অবিনাশ কুমাৰে মোৰ ক্ষয় যোৱা দাঁতবোৰ চাই খুব আন্তৰিকতাপূৰ্ণভাৱে দাঁতবোৰ ফিলআপ কৰি দিছে।

    এতিয়াও মোৰ অসুখ সম্পূৰ্ণৰূপে ভাল হোৱা নাই যদিও সামগ্ৰিকভাৱে মোৰ অৱস্থা ভালডাক্তৰৰ মতে মূল ৰোগ আৰোগ্য হৈছে। এতিয়া কেৱল পাৰ্শ্বক্ৰিয়াহে আছে। মই এতিয়ালৈকে পাঁচবাৰ চেকআপ গৈছো। প্ৰতিবাৰেই ডাক্তৰে চেকআপ কৰি মোক ৰোগমুক্ত বুলি ঘোষণা কৰিছেচিকিৎসকৰ মতে মই দুবছৰ পাছত স্বাভাৱিক জীৱন যাপন কৰিব পাৰিম। এতিয়া মই বিশেষভাবে লিকুইড আহাৰ গ্ৰহণ কৰি আছো, দুবছৰ পাছত মই স্বাভাৱিকভাৱে আহাৰ গ্ৰহণ কৰিব পাৰিম।

    কেন্সাৰ সংক্ৰামক বেমাৰ বুলি বহুতৰে মনত এতিয়াও ভুল ধাৰণা আছে,  এই ভুল ধাৰণা দূৰ কৰিবলৈ চৰকাৰে উদ্যোগ লোৱা উচিত। এই ভুল ধাৰণাৰ বাবেই ৰোগীসকল প্ৰায়ে অৱহেলাৰ বলি হৈ পৰে। ঘৰভাড়া নোপোৱা, নাপিতে চুলি নকটা বা ঘৰৰ মানুহেও ৰোগীৰ কাৰণে বেলেগ পাত্ৰ ব্যৱস্থা কৰা আদি ইয়াৰ উদাহৰণ। আমাৰ সমাজত এটা ভুল ধাৰণা প্ৰচলিত আছে যে, যিসকলে বেপৰুৱা জীৱন যাপন কৰে তেওঁলোকৰে কেন্সাৰ হয়, কিন্তু এই ধাৰণা সঠিক নহয়। কাৰণ স্বাস্থ্যসন্মতভাবে জীৱনযাপন কৰা বহু বিখ্যাত ব্যক্তি, বিশেষকৈ চিনেমাৰ লগত জড়িত- দিলীপ কুমাৰ, ৰাজকুমাৰ, ৰাজেশ খান্না, ফিৰোজ খান(লিভাৰ কেন্সাৰ), বিনোদ খান্না, মেক মোহন, ইৰফান খান, ঋষি কাপুৰ, পৃথ্বীৰাজ কাপুৰ, জুনিয়ৰ মেহমুদ(ব্লাড কেন্সাৰ), ৰাজেন্দ্ৰ কুমাৰ আদি অভিনেতাৰ কৰ্কট ৰোগত মৃত্যু হৈছে। কেন্সাৰ হলে মৃত্যু অনিবাৰ্য এই ধাৰণাও সঠিক নহয়। কাৰণ ক্ৰিকেটাৰ যুৱৰাজ সিং, অংশুমান গাইকোৱাড়,  ক্ৰিকেটাৰ ৰাজনীতিবিদ নৱজ্যোত সিং সিন্ধুৰ পত্নী নৱজ্যোত কৌৰ কৰ্কট ৰোগৰ লাস্টষ্টেজৰ পৰা আৰোগ্য লাভ কৰিছে।সদৌ অসম অনুন্নত শ্ৰেণীৰ সভাপতি মান্যবৰ অমৰ গগৈয়েও লাস্টস্টেজ কেন্সাৰৰ পৰা আৰোগ্য লাভ কৰিছে। গতিকে কব পাৰি যে কেন্সাৰ দুৰাৰোগ্য ব্যাধি নহয়, নিৰাময় কৰিব পৰা ব্যাধিযথাযত চিকিৎসা কৰালে কেন্সাৰৰ পৰা মুক্তি লাভ কৰা সম্ভৱ।

                                                    সমাপ্ত


    


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)