বিচাৰক (চুটি গল্প)

 

                                       


বিচাৰক

  সূচীপত্র

() আশা ভংগ

() চৰণেহে জানে মৰণৰ ঠাই-

() তলসৰা ফুল

() আস্থা-

() অনুশোচনা-

() মুক্তি-

() বাহীফুল

 () বিচাৰক

(১০) এটি নিশাৰ কাহিনী

(১১) মাকৰ মন

বিঃ দ্রঃ- গল্পবোৰ বিভিন্ন সময়ত অসমৰ বিভিন্ন কাকত-আলোচনীত প্রকাশিত

                     

               আশা ভংগ

চাইকেল এখনৰ প্ৰয়োজন বহু দিনৰপৰাই উপলব্ধি কৰি আছিল হাবিজুলে অৱশ্যে নিজৰ বাবে নহয় ল’ৰাটোৰ বাবেহে এম, ই পাচ কৰাৰ পাছত দুবছৰমান আগতে ল’ৰাটোক মানে হাফিজুলক চহৰৰ হাইস্কুল এখনত ভৰ্ত্তি কৰি দিছে স্কুলখন সিহঁতৰ ঘৰৰপৰা পাঁচ কিলোমিটাৰ মান দূৰত অৱস্থিত আজিৰ দিনত দিনৌ পাঁচ কিলোমিটাৰ বাট খোজ কাঢ়ি অহা-যোৱা কৰাটো মুখৰ কথা নহয় আগৰ দিনৰ

কথা অৱশ্যে বেলেগ আছিল পাঁচ কিলো মিটাৰ কিয়, ত্ৰিছ চল্লিছ কিলোমিটাৰ বাটো বহুতে খোজ কাঢ়ি সদৰলৈ অহা-যোৱা কৰিছিল ৷ এতিয়া আৰু তেতিয়াৰ সেই দিন নাই তেতিয়া মানুহে সতেজ শাক-পাচলিৰ লগতে ঘৰৰ নিভাঁজ গাখীৰ খাইছিল আজি-কালিৰ দৰে সাৰ দিয়া বস্তু খোৱা নাছিল গতিকে পৰিশ্ৰম কৰাৰ সামৰ্থ আছিল কিন্তু আজি-কালি সকলোতে ভেজাল খাদ্যত ভেজাল, ঔষধত ভেজাল, পথ্যত ভেজাল, গাখীৰত ভেজাল মানুহৰ কথাত ভেজাল ৷ এনেকি মানুহৰ হাঁহি- কান্দোন ভেজাল মানুহে পোনপটীয়া বাবে কথা ক’বলৈ এৰিছে মুখত এক, পেটত এক ভেজাল বস্তু খাই খাই মানুহৰ শৰীৰ কোষসমূহো ভেজালত পৰিণত হৈছে অচিন ৰোগ-ব্যাধিয়ে বাহ লৈছে মানুহৰ শৰীৰত গতিকে মানুহৰ আগৰ সেই শক্তি সামৰ্থ নোহোৱা হৈছে চল্লিছ কিলোমিটাৰ বাট খোজ কাঢ়ি যোৱাতো দূৰৰে কথা চ’কলৈ বিস্কুট এপেকেট আনিবলৈ যাবলৈ হ'লেও আজি-কালি কোনেও চাইকেল নোহোৱাকৈ যাব নোৱাৰে

হাফিজুলে পঢ়া স্কুলখনত সিহঁতৰ গাঁৱৰ আৰু চাৰি পাঁচজনমান ল’ৰাই পঢ়ে সিহঁতৰ প্ৰত্যেকৰে চাইকেল আছে ফলত সিহঁতে চাইকেল লৈ অহা-যোৱা কৰে একমাত্র হাফিজুলৰহে চাইকেল নাই সেয়ে সি দিনৌ পাঁচ কিলোমিটাৰ বাট খোজ কাঢ়ি অহা-যোৱা কৰিব লাগে খোজ কাঢ়ি যোৱাৰ কাৰণে কেতিয়াবা সি স্কুল গৈ পোৱাত পলমো হয় ফলত কেতিয়াবা সি শিক্ষকসকলৰপৰা ডাবি-ধমকিও শুনিব লগা হয় সেয়ে হাইস্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰ পাছতে হামিদুলে তাক চাইকেল এখন কিনি দিয়াৰ কথা ভাবিছিল টকাৰ বন্দবস্তও মোটা- মুটি কৰিছিল

হাফিজুলৰ মাকে দুজনী ছাগলী পুহিছিল ছাগলী দুজনী বিক্ৰী কৰি চাইকেল কিনি দিয়াৰ কথা আছিল কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি সি ভবা মতে নহ' সিবাৰ বাৰিষা মথাউৰি ভাঙি গাঁৱত পানী সেমাল অভাৱনীয় বানপানীৰ তাণ্ডৱ সৃষ্টি হ’ল গাঁৱখনত সেই বানত ছাগলী দুজনী উটি গ' মাথোন সিহঁতৰে নহয়, গাঁৱখনৰ আন বহুতৰে গৰু-ছাগলী, হাঁহ-কুকুৰা উটি গৈছিল সেই বানত খেতি- পথাৰ নষ্ট হোৱাৰ উপৰিও ৰাস্তা-ঘাট ভাঙি অভাৱনীয় পৰিস্থিতি উদ্ভৱ হৈছিল গাঁৱখনত মানুহবিলাকে ঘৰ-বাৰী এৰি থৈ ওখ ঠাইত আশ্রয় ল'ব লগা হৈছিল

এটা সময়ত পানী শুকাল যদিও খেতি-পথাৰ উদং ক’তো শস্যৰ সঁচ এটাও পাবলৈ নাই ফলত ভোকৰ তাণ্ডৱ আৰম্ভ হ'ল গাঁৱখনত পেটৰ ভোক নিবাৰণ কৰিবলৈ মানুহবিলাকে টাউন-চহৰলৈ ঢাপলি মেলিলে সেই বানত সৰ্বস্বান্ত হৈ হামিদুলেও চহৰলৈ গৈ ৰিক্সা চলাই পৰিয়ালটো পোহপাল দিব লগা হৈছিল

য’তে বাঘৰ ভয়, ত’তে ৰাতি হয় বোলা কথা এষাৰ আছে সেই অভাৱৰ মাজতে ঘৈণীয়েক হাফিজাৰ পেটৰ বিষ হ’ল তীব্র পেটৰ বিষ যন্ত্ৰণাত ছট্‌ফটাবলৈ ধৰিলে ঘৈণীয়েকৰ অৱস্থা দেখি হামিদুল বিচলিত হৈ উঠিল অৱশেষত সি বেজৰ শৰণাপন্ন হ’ল জৰা-ফুকা, পানী- কটা, তেল পঢ়া, মাদুলিকে আদি কৰি বেজে বিভিন্ন পদ্ধতিত চিকিৎসা চলালে কিন্তু একোতে একো নহ' পেটৰ বিষ উপশম নহ' শেষত সি চহৰলৈ গৈ পাছৰ ডাক্তৰৰ শৰণাপন্ন হ’বলৈ বাধ্য হ’ল ডাক্তৰৰ পৰীক্ষাতএপেনডিস্ক’ ধৰা পৰিল হাতত টকা-কড়ি নাই ইফালে চিকিৎসা নকৰালেও নহয় শেষত বাধ্য হৈ মহাজনৰপৰা টকা সুতত লৈ অপাৰ্শেন কৰাব লগা হ’ল সেই ঋণৰ বোজা আজিলৈকে সি বৈ ফুৰিব লগা হৈছে ফলত কলপ-জলপ অৱস্থাত চলিব লগা হোৱাত চাইকেলৰ কথা সি এক প্ৰকাৰ পাহৰিয়ে গৈছিল

সিদিনা হাফিজাই কথাটো মনত পেলাই দিলে মাথোন মনত পেলাই দিয়াই নহয়, টকা সংস্থানৰো দিহা দিলে- দুবছৰেও হাফিজুলক চাইকেল এখন কিনি দিব নোৱাৰিলে দুবছৰ ধৰি সি খোজ কাঢ়িয়ে অহা-যোৱা কৰি আছে গাঁৱৰ বাকীবোৰ ল’ৰাই যেতিয়া চাইকেল লৈ যায় তেতিয়া বোপাৰ মুখলৈ চাব নোৱাৰা অৱস্থা হয় এইবাৰ যেনে তেনে চাইকেলখন কিনি দিয়ক ছাগলী দুজনী বিক্ৰী কৰিবপৰা হৈছে ছাগলী দুজনী বিক্ৰী কৰি যিমান সোনকলে সম্ভৱ চাইকেল কিনাৰ ব্যৱস্থা কৰক

হামিদুলে ঘৈণীয়েকক সমৰ্থন কৰি ক'লে- এৰা, ময়ো কেইদিনমানৰপৰা কথাটো ভাবি আছো তুমি সমর্থন নকৰিবা বুলিহে মনে মনে আছিলো তুমি কৈছা যেতিয়া আৰু চিন্তা নাই অৱশ্যে ছাগলী বিক্ৰী কৰি পোৱা টকাৰে নতুন চাইকেল কিনা সম্ভৱ নহ’ব পুৰণি এখনকে কিনি দিব লাগিব

নাই মোমাইতকৈ কণা মোমায়ে ভাল বাজীৰ কোলাত কণা-বোবা কিবা এটা হ’লেই হ’ল দিয়কচোন যি কৰিব সোনকালে কৰক অভাৱৰ সংসাৰ সিবাৰৰ নিচিনা বেলেগ আপদ আহি গ'লে হয়তো চাইকেলখন কিনাই নহ'

এৰা, সোনকালেই কিবা এটা কৰিব লাগিব পৰহিলৈ বুধবৰীয়া হাট সিদিনাই ছাগলীজনী হাটলৈ লৈ যামহি

ভবামতেই বুধবৰীয়া হাটলৈ নি ছাগলী দুজনী পোন্ধৰৰ্শ টকাত বিক্ৰী কৰিলে হাটৰপৰা ওভতাৰ বাটত মেকাৰ এজনক লগ ধৰি চাইকেল কিনি দিয়াৰ বাবে খাটনিও ধৰি আহিল

দুদিনমান পাছতে মেকাৰজনে চাইকেল এখন ঠিক কৰি খবৰ পঠিয়ালে খবৰ পাই বাপেক-পুতেক দুয়ো আহি মেকাৰক লগ ধৰিলে চাইকেলখন দোকানৰ সন্মুখতে ষ্টেণ্ড কৰা আছিল মেকাৰৰপৰা অনুমতিলৈ হাফিজুলে চাইকেলখন চলায়ো চালে পুৰণি হ’লেও কণ্ডিচন ভাল টায়াৰ-টিউব ঠিকেই আছে ভালদৰে ব্যৱহাৰ কৰিলে এবছৰলৈ চিন্তা নাই কিন্তু দামলৈহে লাগিল লেঠা দাম দুহোজাৰ টকা আৰু ইফালে সিহঁতৰ চালান হ’ল পোন্ধৰশ টকা

হামিদুলে সেমেনা-সেমেনি কৰি ক'লে- দুহেজাৰ মানে আমাৰ কাৰণে অলপ বেচি হয় দুহোজৰতকৈ কম কৰিব নোৱৰিব নেকি?

দুহোজৰতকৈ কম দামত বিক্ৰী নকৰে বুলি মেকাৰ্জনে স্পষ্টভাবে জনাই দিলে-দুহেজাৰতকৈ কমত নহ' দুহেজাৰত লয় যদি লওঁক, নহ'লে বেলেগ গ্রাহক আছে দুহেজাৰতকৈ অধিকে পাম আপোনাৰ মুখলৈ চাইহে কমকৈ কৈছো

কিন্তু আমাৰ চালান পোন্ধৰশ টকাহে হামিদুলে নিজৰ অৱস্থাৰ কথা জনালে৷

তেনেহ'লে এইখন বাদ দিয়ক পোন্ধৰশ টকাৰ চাইকেল পালে আপোনাক জনাম বাৰু

মাজতে হাফিজুলে ক’লে- দুবছৰ দেখোন খোজ কাঢ়িয়ে অহা-যোৱা কৰিলো লাগিলে আৰু দুবছৰ খোজ কাঢ়িয়ে যাম সেই বুলি এইখনতকৈ পুৰণি চাইকেল কিনি লাভ নাই এইখনতকৈ পুৰণি হ’লে কিছুদিন পাছতে হয়তো টায়াৰ-টিউব সলাব লাগিব তেতিয়া দুহেজাৰতকৈ বেছিয়ে পৰি যাব লয় যদি এইখনে লওঁক, নহ’লে বাদ দিয়ক

হাফিজুল শান্ত-শিষ্ট বয়সতকৈ অধিক গহীন-গম্ভীৰ হিচাপিও লেখা-পঢ়াতো ভাল শ্রেণীত সদায় প্রথম হৈ উত্তীর্ণ হয় শিক্ষকসকলেও তাক বৰ মৰম কৰে ঘৰৰ অৱস্থা বেয়া বুলি জানি কিতাপ বহী দিও সহায় কৰে শিক্ষকসকলে ঘৰৰ অৱস্থাৰ কথা হাফিজুল নিজেও জানে অভাৱৰ সংসাৰ দিনে আনি দিনে খোৱা অৱস্থা কেতিয়াবা লঘোণো দিব লগা হয় মাক-দেউতাক আৰু ভায়েক-ভনীয়েকৰ সৈতে ছজনীয়া পৰিয়াল৷ দেউতাকে ঘৰখনৰ একমাত্র উপার্জনক্ষম সদস্য ফলত অসুবিধা হ’লেও কোনো দিনে কোনো বিষয়তে হাফিজুলৰ অভিযোগ নাই দিনৌ খোজ কাঢ়ি অহা-যোৱা কৰাত কষ্ট হয় যদিও চাইকেলখনৰ কাৰণেও সি কোনোদিন মাক-দেউতাকক আমনি কৰা নাই কোনোদিন মুখ ফুটাই কোৱাও নাই চাইকেলৰ কথা তাৰ কষ্ট দেখি মাক-দেউতাকেই চাইকেলৰ কথা ভাবি আছিল গাঁৱৰ আন আন ল’ৰাই যেতিয়া

চাইকেল লৈ অহা-যোৱা কৰে, তেতিয়া হাফিজুলক খোজ কাঢ়ি যোৱা দেখিলে সিহঁতৰ বুকু হম্‌হমাই উঠে ফলত চহৰৰ স্কুলত নাম ভৰ্ত্তি কৰি দিয়াৰ পাছৰেপৰা সিহঁতেই চাইকেল এখন কিনি দিয়াৰ কথা ভাবি আছিল কিন্তু সাংসাৰিক দুৰৱস্থাৰ কাৰণে কামটো হৈ উঠা নাছিল ৷ এইবাৰ সুযোগ আহিছে যেতিয়া যেনে তেনে চাইকেলখন কিনিবই লাগিব তদুপৰি হাফিজুল বৰ্তমান দশম মানৰ ছাত্ৰ এবছৰ পাছতে কলেজত ভৰ্ত্তি হ’ব লাগিব তেতিয়া চাইকেল এখন নিশ্চয় লাগিব কলেজত নাম ভৰ্ত্তি আৰু কিতাপপত্ৰ কিনাৰ কাৰণেও তেতিয়া বহু টকাৰ প্ৰয়োজন হ’ব গতিকে এতিয়া চাইকেলখন কিনিব নোৱাৰিলে তেতিয়া চাইকেল কিনাটো সম্ভৱ হৈ নুঠিবও পাৰে সেয়ে কিবা কৰি হ’লেও চাইকেলখন কিনাৰ সিদ্ধান্ত লৈ হামিদুলে মেকাৰ্জনক উদ্দেশ্য কৰি ক'লে- আমাক ভাবিবলৈ দুদিনমান সময় দিয়ক আমাৰ সিদ্ধান্তৰ কথা দুদিন পাছতে আপোনাক জনামহি

মেকাৰজনে শলাগি ক'লে- বাৰু, দুদিন নহয়, আপোনাক মই তিনিদিন সময় দিলো এই তিনিদিনৰ ভিতৰত মই চাইকেলখন বিক্রী নকৰো আপোনালোক এই বিষয়ে নিশ্চিন্ত হৈ ঘৰলৈ যাব পাৰে

মেকাৰ্জনৰপৰা আশ্বাস পাই বাপেক-পুতেক দুয়ো ঘৰলৈ আহিল হাফিজা আৰু ঘৰৰ বাকী ল’ৰা-ছোৱালীকেইটাই অধীভাবে চাইকেলৰ

কাৰণে অপেক্ষা কৰি আছিল কিন্তু সিহঁতক খালী হাতে অহা দেখি আটায়ে আশাহত হ’ল হাফিজাই সুধিলে- খালী হাতে আহিল যে, চাইকেল ক’ত? মেকাৰে মিছাকৈয়ে খবৰ পঠাইছিল নেকি?

হামিদুলে বিমর্ষভাবে ক’লে-নাই নাই, মেকাৰে খবৰ ঠিকেই পঠাইছিল কিন্তু দামলৈহে লেঠা লাগিছে আমাৰ চালান হ’ল পোন্ধৰশ টকা

আৰু ইফালে চাইকেলৰ দাম হ’ল দুহেজাৰ টকা গতিকে চাইকেলখন অনা সম্ভৱ নহ' তিনিদিন সময়লৈ আহিছো এই তিনিদিনৰ ভিতৰত বাকী পাঁচশ টকা যোগাৰ কৰিব লাগিব কিন্তু কেনেকৈ যোগাৰ কৰো, কোৱাচোন! সদ্যহতে দেখোন কোনো উপায়ে দেখা নাই মহাজনৰপৰা টকা সূতত ল’ম তাৰো উপায় নাই আগৰ টকাৰ সুতে ঠিকমতে দিবপৰা নাই ইতিমধ্যে দুমাহৰ বাকী পৰিছেই

দুমাহৰ সুতৰ টকা দেখোন ইতিমধ্যে যোগাৰ হৈছেই সেই টকা এতিয়ালৈকে দিয়া নাই নেকি?

নাই দিয়া কাইলৈ দিব লাগিব

হঠাৎ হাফিজাৰ মনত এটা বুদ্ধি খেলালে ক’লে তাই টকা দিয়া হোৱা নাই যদি ভালেই হৈছে এই মাহত সুতৰ টকা দিব নালাগে অহামাহত একেলগে তিনিমাহৰ দিলেই হ’ব তথাপি চাইকেলখন কিনক অভাবৰ সংসাৰ নহ'লে এই পোন্ধৰ্শ টকাও নোহোৱা হ’ব

কিন্তু মহাজনে মানিব জানো আগৰো দেখোন দুমাহৰ সুত বাকী পৰি আছে হাবিজুলে চিন্তিত কণ্ঠত ক’লে

নামানিলে কেনেকৈ হ' আমিতো তাৰ টকা মাৰি নাখাও দুবছৰ ধৰিতো সময় মতেই সুত দি আছো অসুবিধাৰ কাৰণেহে দুমাহৰ সুত দিবপৰা নাই তাৰ কাৰণে মহাজন মৰিব নেকি? হাফিজাই আঁকোৰগোজ ভাবে ক’লে

তথাপিও যদি নামানে..….....হামিদুল সেমেনা-সেমেনি কবিবলৈ ধৰিলে

আপুনি এই বিষয়ে ভাবিব নালাগে যি ক’ব লাগে মই ক'ম মহাজনক আপুনি আজিয়ে চাইকেলখন লৈ আহকগৈ

শেষত হাফিজাৰ পৰামৰ্শ মতেই তিনি মাহৰ সুতৰ টকা একেলগে দিয়াৰ সিদ্ধন্তলৈ হামিদুলে দুহেজাৰ টকা দি সিদিনাই চাইকেলখন লৈ আহিল কোনোদিনে চাইকেলৰ মুখ নেদেখা ল’ৰা-ছোৱালীকেইটাই চাইকেলখন দেখি উৰুলিকৃত হৈ পৰিল ৷ মাজুটো ল’ৰা মাজিদুলে ক’ৰবাৰপৰা ফটাকানি আনি চাইকেলখন মচিবলৈ ধৰিলে চুবুৰীয়া ল'ৰা-ছোৱালী কিছুমানো আহিল চাইকেলখখন চাবলৈ আপুৰুগীয়া বস্তু চোৱাদি সিহঁতে চাইকেলখন ঘূৰি-ঘূৰি চাবলৈ ধৰিলে হাফিজাই মিঠাতেল আনি মাজিদুল লৈ আগবঢ়াই ক’লে- ল’, চাইকেলখন মচি মিঠাতেল অকণমান সানি দে চিক্‌চিকীয়া হৈ উঠিব

মাজিদুলে মাকৰ কথামতে চাইকেলখন মচি মিঠা তেল সানি দিলে মাকে কোৱামতেই চাইকেলখন চিক্‌চিকীয়া হৈ উঠিল মাজিদুলে চাইকেল চলাব নাজানে সেয়ে সি চাইকেলখন ঠেলি ঠেলি চোতালতে কেই পাকমান ঘূৰালে

এনেতে টকা সুতে দিয়া মহাজন আহি সেইখিনি পালেহি সি আহিয়ে স্বভাৱসূলভ ভংগীত সুৰ টকা বিচাৰিলে- মাহ কেতিয়াবাই শেষ হৈছে ইফালে যোৱা মাহৰো টকা বাকী পৰি আছে সুতৰ টকা আনা

হামিদুলে হাতযোৰ কৰি ক’লে- আৰু এটা মাহ ধৈর্য ধৰক, মহাজন বাবু দুমাহৰ সুত একেলগে দিয়াৰ কাৰণে টকা যোগাৰ কৰিছিলো কিন্তু ল’ৰাটো খোজ কাঢ়ি স্কুললৈ যোৱাত অসুবিধা হয় কাৰণে চাইকেলখন কিনিব লগা হ’ল অহা মাহত তিনিমাহৰ সুত একেলগে দি দিম

মহাজনে শান্ত ধীৰ কণ্ঠত ক’লে- বাৰু, তোৰ কথাই মানিলো অহা মাহতে দিবি বাৰু এইদৰে কৈয়ে সি মাজিদুলৰ ওচৰলৈ গৈ ক'লে- চাওঁ, চাইকেলখন তেল সানি দেখোন একেবাৰে চিক্‌চিকীয়া কৰিছা এইদৰে কৈয়ে সি হামিদুলক উদ্দেশ্য কৰি সুধিলে- কিমানত লৈছা?

হাবিজুলে আথে-বেথে ক’লে- দুহেজাৰত

মহাজনে চাইকেলখন নিজৰ হাতলৈ আনি হেণ্ডেলত ধৰি জোকাৰি ক'লে- অলপ বেছি লৈছে দাম-দৰ কৰিলে ইয়াতকৈ কমতে ল’ব পাৰিলাহেঁতেন৷ বাৰু, লৈছা যেতিয়া এতিয়া কৈ লাভ নাই

এইদৰে কৈ চাইকেলখন ঠেলি ঠেলি চোতাল পাৰ হৈ মহাজন ৰাস্তাত উঠিল ৰাস্তাত উঠি ক’লে সি–চাইকেলখন লৈ গ'লো সুতৰ টকা দি চাইকেলখন লৈ আহিবি এইদৰে কৈ সি চাইকেলত উঠি জোৰে জোৰে পেডেল মাৰিবলৈ ধৰিলে

হাফিজাই পিছফালৰপৰা মাতিলে যদিও মহাজনে উভতিকে নাচালে

আশাভংগ হোৱাৰ বেদনাত উপস্থিত আটায়ে নিৰাশ মনেৰে ইজনে সিজনৰ মুখলৈ চাই তলমূৰ কৰিলে ইফালে হামিদুলৰ এনেকুৱা ধাৰণা হ’ল যেন মহাজনে চাইকেলখন ৰাস্তাৰ ওপৰেদি চলাই যোৱা নাই তাৰ বুকুৰ ওপৰেদিহে চলাই গৈ আছে

(জনসাধাৰণত প্ৰকাশিত)

 

     চৰণেহে জানে মৰণৰ ঠাই

মানুহে কথাতে কয়- চৰণেহে জানে মৰণৰ ঠাই জন্মিলে মৃত্যু অনিবার্য ই চিৰন্তন সত্য মৃত্যুৰ কোনো বিকল্প নাই ৰজা-বাদচাহৰ পৰা ধনী-দুখীয়া আটায়ে এদিন মৃত্যুৰ হিম-শীতল কোলাত ঢলি পৰিব লাগে মৃত্যুৰ কোনো বয়স বা সময়ো নাই কাৰ সন্মুখত কেতিয়া, কি ৰূপ ধৰি কেনেকৈ আহি উপস্থিত হয় সেয়া কোনেও ক’ব নোৱাৰে মৃত্যুই শিশু-বৃদ্ধ-যুৱক কাৰো বাচ-বিচাৰ নকৰে সকলোৰে পিচে পিচে ছাঁৰ দৰে লৰি ফুৰে মৃত্যু বহুৰূপী মৃত্যু কেতিয়াও নিজৰ ৰূপ পৰিগ্ৰহ কৰি নাহে ই কেতিয়াবা আহে ৰোগ হৈ, কেতিয়াবা আকৌ আহে দুর্ঘটনা হৈ

হাইৰোডৰ ওপৰেদি চাইকেল চলাই যাওঁতে ট্রাকৰ খুন্দাত কদম আলিৰ মৃত্যু হ’ল এয়া আজি-কালিৰ যুগত এক সাধাৰণ ঘটনা গাড়ী- মটৰৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত প্ৰায় প্রতিনিয়তই দুৰ্ঘটনাজনিত কাৰণত মানুহ মৃত্যু মুখত পৰিছে কিন্তু কদম আলিৰ মৃত্যু দুৰ্ঘটনাজনিত কাৰণত হ’লেও সি যেন মৃত্যুক নিজেই আমন্ত্ৰণ কৰি আনিছিল অন্ততঃ তাৰ কাৰ্য-কলাপে তাকেই যেন প্ৰমাণ কৰিলে

কদম আলি পঞ্চাশোর্দ্ধ আছিল খুবেই সহজ-সৰল আছিল সি কাৰো লগত কোনো ধৰণৰ কাজিয়া-পেচাল নাছিল তাৰ মানুহজন ৰসাল প্ৰকৃতিৰো আছিল সকলোৰে লগত হাঁহি-স্ফূৰ্তি কৰিছিল হাঁহি-মাতি কথা পাতিছিল অঞ্চলটোত কৰ্ম বলীয়া মানুহ হিচাপে পৰিচয় আছিল তাৰ সদায় কাম লৈয়ে ব্যস্ত হৈ থাকিছিল কামৰ বাহিৰে একো নুবুজিছিল কর্মকে সি ধর্ম বুলি মানিছিল মুছলমান হ’লেও আন আন মুছলমানৰ দৰে তাৰ নামাজ-ৰোজাৰ প্ৰতি বিশেষ ৰাপ নাছিল হয়তো এজন মুছলমানে জানিব লগা ধৰ্মৰ প্ৰাথমিক জ্ঞানকণো নাছিল তাৰ ৰ’দ-বতাহ-বৰষুণ লৈ সি কেপে নকৰিছিল জাপি এখন আছিল তাৰ সহচৰ-বন্ধুৰ দৰে ৰ’দ-বৰষুণ থাকক বা নাথাককেই পথাৰলৈ যাওঁতে সি জাপিখন মূৰত দি গৈছিল জাপিখন মূৰত দি ওলালে বহুতেই তাক দূৰৰপৰাই চিনিব পাৰিছিল সেয়ে বহুতে তাক জাপিৱালা বুলি মাতিছিল সাধাৰণতে সি চোলা গাত নিদিছিল আৰু লুংগীও নিপিন্ধিছিল এখন গামোচা পিন্ধিছিল আৰু এখন কান্ধত ওলোমাই লৈছিল হাট-বজাৰলৈ গ'লে লুংগী পিন্ধিছিল যদিও চোলা গাত দিয়া নাছিল চোলাটো কান্ধত ওলোমাই ৰাখিছিল সেই বুলি সি কৃপণ নাছিল তাৰ  বাৰীত বতৰৰ ফল-মূলৰ অভাৱ নাছিল আম, জাম, লিচু, বগৰী, জলফাইকে আদি কৰি বতৰৰ ফল-মূলৰ কি নাছিল তাৰ বাৰীত! মাথোন গাঁৱৰে নহয়, বেলেগ গাঁৱৰ ল’ৰা-ছোৱালীকো সি ফল-মূল মাতি মাতি খুৱাইছিল বিপদত পৰি কোনোবাই তাৰ ওচৰলৈ আহিলে কেতিয়াও নিৰাশ নকৰিছিল শাৰীৰিক শ্রম অথবা টকা-পইচা দি পাৰে মানে সহায় কৰিছিল

লোকৰ বস্তুৰ প্ৰতি তাৰ মুঠেই লোভ নাছিল লোকৰ বস্তুক সি মাটিৰ চপৰাৰ দৰে জ্ঞান কৰিছিল সেই বুলি বিষয় সম্পত্তিৰ প্ৰতিযে তাৰ লোভ নাছিল সেয়াও নহয় বিশেষকৈ মাটিৰ প্ৰতি তাৰ খুবেই লোভ আছিল গাঁৱত কোনোবাই মাটি বিক্ৰী কৰাৰ কথা শুনিলে সকলোৰে আগত গৈ সি বিক্ৰেতাৰ ঘৰত উপস্থিত হৈছিল মূল্য যিমানেই নহওঁক কিয, তাৰ বাহিৰে কোনেও মাটি কিনিব নোৱাৰিছিল৷ সি কৈছিল- মাটি

লখিমী সেয়ে যিমানেই অধিক মূল্যত নিকিনা কিয়, কিনোতাৰ কেতিয়াও লোকচান নহয়বাণিজ্যে বসতি লক্ষ্মী’ এই কথা তাৰ ক্ষেত্ৰত প্রযোজ্য নাছিলকৃষিতে বসতি লক্ষ্মী’ তাৰ ক্ষেত্ৰত এই কথাহে প্রযোজ্য আছিল নিজে লেখা-পঢ়া নিশিকিলেও ল’ৰা-ছোৱালীকেইটাক সি ঠিকেই শিক্ষিত কৰিছে দুজনী ছোৱালীক মেট্রিক পাছ কৰাৰ পাছত বিয়া দি উলিয়াই দিছে আৰু দুজন পুতেকৰ এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু আন এজন স্থানীয় কলেজ এখনৰ প্ৰৱক্তা

কদম আলিৰ সৰলতাৰ বিষয়ে বহু মুখৰোচক কাহিনী আছে সাধাৰণ জ্বৰ আৰু পানীলগাৰ বাহিৰে তাৰ বিশেষ ৰোগ-ব্যাধি হোৱা নাছিল সেয়ে সি কোনোদিন ডাক্তৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহৈছিল সাধাৰণ অসুখ-বিসুখ হ’লে বেজ-কবিৰাজৰ জৰিয়তে চিকিৎসা কৰাইছিল কিন্তু এবাৰ তাৰ এনেকুৱা এবিধ অচিন বেমাৰ হ’ল যে, বেজ-কবিৰাজেতো দূৰৰে কথা সদৰৰ ডাক্তৰেও সেই বেমাৰ ধৰিব নোৱাৰিলে গতিকে সি চিকিৎসাৰ বাবে গুৱাহাটীলৈ যাব লগা হ’ল গুৱাহাটীলৈ গৈ সি ওখ ওখ অট্টালিকা দেখি আচৰিত হ’ল তাৰ লগত গৈছিল তাৰ খুলশালিয়েক ৰফিক সি অট্টলিকাবোৰলৈ আঙুলিয়াই ৰফিকক উদ্দেশ্য কৰি ক'লে- ইমান ডাঙৰ ডাঙৰ ঘৰ দেখিছো, ক’তো দেখোন খেতি- পথাৰ দেখা নাই খেৰৰ পূঁজিও দেখা নাই দেখোন ক’তো এওঁলোকে খায় কি?

ৰফিকে ঠাট্টাৰ সুৰত ক'লে- কিয়, তুমিযে ধান বিক্ৰী কৰা সেইবোৰ ধান কোনে খায়? এওঁলোকেই সেইবোৰ ধান কিনি খায়

অ’ হয় নেকি? কিন্তু মোৰ ধানেৰে ইমানবোৰ মানুহৰ আঁটে জানো?

তোমাৰ দৰে আৰু বহু মানুহ আছে অসমত সিহঁতেও তোমাৰ দৰে ধান বিক্ৰী কৰে সেইবোৰ ধান খায়ে এওঁলোক জীয়াই থাকে

অ’ তাৰ মানে আমাৰ খায়ে জীয়াই আছে এওঁলোক পিচে, এওঁলোকে ধান কিনাৰ কাৰণে টকা ক’ত পায়?

ৰফিকে তেতিয়া চহৰৰ মানুহৰ টকাৰ উৎসৰ কথা বিৱৰি ক'ব লগা হৈছিল

কদম আলিয়ে ধান, মৰাপাটৰ লগতে বতৰৰ শাক-পাচলিৰপৰা আৰম্ভ কৰি বাৰীত উৎপাদিত ফল-মূললৈকে সকলো বস্তু বিক্ৰী কৰিছিল

কেতিয়াও সি খালী হাতে হাটলৈ নগৈছিল কিবা নহয় কিবা এপদ বস্তুলৈহে সি হাটলৈ গৈছিল৷ বিক্ৰী কৰিবলৈ একো নাথাকিলে বাৰীৰপৰা দুটামান কচু হ’লেও খান্দি উলিয়াই হাটলৈ লৈ গৈছিল৷ এনেকি পুতেক দুজনৰ চাকৰি হোৱাৰ পাছতো সি এই কামৰপৰা বিৰত হোৱা নাছিল ফলত তাৰ এই কামৰ বাবে পুতেকহঁতক বহুতে ঠাট্টাও কৰিছিল সেয়ে পুতেকহঁতে তাক এই অভ্যাস ত্যাগ কৰোৱাবলৈ যত্ন কৰিছিল কিন্তু এই ক্ষেত্ৰত সিহঁত সফল হোৱা নাছিল কদম আলিয়ে আগৰ দৰেই বাৰীৰ সাধাৰণ বস্তু এপদো বিক্ৰী কৰিছিল

এদিন সি কচু দুটামান লৈ বজাৰলৈ যাওঁতে তাৰ সমনীয়া বন্ধু এজনে তাক ঠাট্টা কৰি কৈছিল- কদম ভাই, এতিয়াও তুমি এই অভ্যাস ত্যাগ কৰিব নোৱাৰিলা? তোমাৰ দুজন ল'ৰাই চাকৰি কৰে ইফালে সংসাৰ-সম্পত্তিও কম নহয় এইদৰে কচু দুটামান বিক্ৰী নকৰিলে তোমাৰ নচলিব জানো? তোমাৰ এই কামৰ ফলত ল’ৰা দুজনে যে লাজ পায় সেয়া তুমি নাজানা নেকি? তোমাৰো লাজ লগা উচিত তোমাৰ কিহৰ অভাৱ যে এইদৰে কচু বিক্ৰী কৰিবলৈ আনিছা?

তেতিয়া কদম আলিয়ে হাঁহি মাৰি কৈছিল- আৰে কছিম ভাই, তুমি মোক হঁহুৱালা মইতো চুৰি কৰা নাইযে ল’ৰাই লাজ পাব ময়ে বা লাজ পাম কিয় ? বাৰীৰ বস্তু খাই ৰাহি হৈছে হাটলৈ আনি বিক্ৰী কৰিছো ইয়াত লাজৰ কি কথা আছে? আচলতে সিহঁতৰহে লাজ লগা উচিত যিসকলে সাধাৰণ কচু এপদো বজাৰৰপৰা কিনি নি খাব লাগে

এয়া সাধাৰণ দুটা কাহিনীহে এনেকুৱা বহু কাহিনী আছে কদম আলিক কেন্দ্ৰ কৰি

এইহেন সহজ সৰল কদম আলিয়ে যেন নিজৰ মৃতুক নিজেই আমন্ত্ৰণ কৰি আনিলে

আজি-কালিৰ দৰে আগৰ দিনত মুছলমান সমাজত যৌতুকৰ প্ৰচলন নাছিল শহুৰ ঘৰ ধনী হ’লে দৰাক আঙুঠি বা চাইকেল এখন আৰু কইনাক দুই এপদ সাধাৰণ গহেনা-গাঁঠৰি উপহাৰ হিচাপে আগবঢ়াইছিল কদম আলিৰ বিয়াৰ সময়তো এই ব্যৱস্থাই প্ৰচলন আছিল ইফালে কদম আলিহঁতৰ ঘৰৰ অৱস্থা মোটা-মুটি ভালেই আছিল সেয়ে তাৰ বিয়াৰ সময়ত শহুৰ ঘৰে তাক চাইকেল এখন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু মূৰকত গৈ শহুৰ ঘৰে তাক চাইকেলখন দিয়া নাছিল আৰু চাইকেলৰ প্ৰয়োজন নথকাৰ কাৰণে সি নিজেও চাইকেলখনৰ কথা পাহৰি গৈছিল কেইমাহমান আগতেহে এটা বিশেষ প্ৰসংগত তাৰ কথাটো মনত পৰি গৈছিল

সিদিনা কদম আলিৰ সৰুজন খুলশালিয়েক ৰফিক সিহঁতৰ ঘৰলৈ আহিছিল সি এখন বাইকত উঠি আহিছিল বাইকখন নতুন নতুন বাইক দেখি কদম আলিয়ে কৌতুহল বশতঃ সুধিলে-নতুন মটৰ চাইকেল দেখোন কেতিয়া ল’লা?

বেছিদিন হোৱা নাই পোন্ধৰ দিনমান হ’ল এইদৰে কৈয়ে ৰফিকে প্ৰসংগ সলনি কৰি ক'লে-ব’লক, আপোনাক নিবলৈ আহিছো

কিবা সকাম আছে নেকি?

নাই নাই, সকাম তেনেকৈ নাই ৰফিকে কৈফিয়তৰ সুৰত ক'লে- বাইকখন হঠাৎ কিনাৰ কাৰণে আপোনালোকক জনাব পৰা নাছিলো সেয়ে ভাবিলো, বাইদেৱকো বাইকখন দেখুৱাই যাও আৰু আপোনাকো বাইকত উঠাই আমাৰ ঘৰলৈ লৈ যাও এইদৰে ভাবিয়ে ঘৰৰপৰা ওলাই আহিছো আপুনি বহু দিন যোৱাও আমাৰ ঘৰলৈ

মানুহে কথাতে কয়- বিনাশ কালে বিপৰীত বুদ্ধি কদম আলিৰ ক্ষেত্ৰতো সেয়াই হ’ল নতুন বাইক দেখি কদম আলিৰ হঠাৎ সিহঁতৰ বিয়াৰ সময়ত দিব খোজা চাইকেলখনৰ কথা মনত পৰি গ' সেয়ে সি ঠাট্টাৰ সুৰত ক'লে- নাই নাই, তোমালোকৰ ঘৰলৈ যোৱা নহ'

কাৰণ? কিবা অসুবিধা আছে নেকি?

নাই নাই, অসুবিধা নাই আচলতে তোমালোকৰ ঘৰলৈ আৰু নাযাও

কদম আলিৰ কথা শুনি ৰফিক হতবাক হ’ল কাৰণ সি কদম আলিক এনেকৈ কথা কোৱা কোনো দিন শুনা নাই নিবলৈ অহাতো দূৰৰে কথা সাধাৰণ খবৰ এটা মানে মাখিৰ আগত খবৰ পঠিয়ালেও কদম আলি সকলোৰে আগত গৈ সিহঁতৰ ঘৰত উপস্থিত হয় গতিকে এনেকুৱা মানুহ এজনে কোনো কাৰণ নোহোৱাকৈ হঠাৎনাযাও’ বুলি কৈ দিয়াত ৰফিকে ৰহস্যৰ গোন্ধ পালে সেয়ে সি উৰহীৰ ওৰ উলিয়াবলৈ সুধিলে- নাযায় মানে, আমাৰ ঘৰৰপৰা আপোনাক কোনোবাই কিবা কৈছে নেকি?

নাই কোৱা কদম আলিয়ে চমু উত্তৰ দিলে

তেনেহ'লে নাযায় কিয়?

এতিয়া সেইবোৰ কৈ লাভ নাই আৰু সময়ো নাই

লাভতো হ’বও পাৰে

হ’লেও এতিয়া কোৱা সম্ভৱ নহয়

এইদৰে বহু সময় কথা কটা–কটিৰ পাছতো কদম আলিৰ মুখৰপৰা আচল কথা উলিয়াব নোৱাৰি ৰফিক অৱশেষত বাইদেৱকৰ ওচৰলৈ গ’লবাইদেৱেকেও একো নাজানে বুলি ক’লে- তেনেকৈতো দেখোন একো আলোচনা কৰা শুনা নাই মতলবী মানুহ, জানো মনে মনে কি ভাবি আছে! ইয়াকেলৈ তই চিন্তা কৰিব নালাগে আজি তই যাগৈ দুদিনমান পাছত চাবি নিজেই গৈ ওলাবগৈ

শেষত সি হতাশ হৈ বেজাৰ মনেৰে ঘৰলৈ উভতি আহি ঘৰখনত কথাটো জনালে কিন্তু ঘৰৰ মানুহেও ইয়াৰ কোনো সদুত্তৰ দিব নোৱাৰিলে ফলত সিদিনাৰ কাৰণে কথাটো সিমানতে তল পৰিল

দুদিনমান পাছত নাতিয়েক ফিৰদুচে কথা প্ৰসংগত সুধিলে- ককা, তুমি সিদিনা ৰফিক ককাৰ লগত লগত নগ’লা কিয় ? কি হৈছে তোমাৰ?

একো হোৱা নাই

নিশ্চয় কিবা এটা হৈছে কোৱাচোন কি হৈছে?

এতিয়া আৰু সেইবোৰ কথা কৈ লাভ নাই

লাভ নাথাকিলেও তুমি ক’ব লাগিব নহ'লে তোমাৰ লগত মোৰ কোনো সম্পর্ক নাথাকিব খাটাং কথা কৈ দিলো

চাৰিজনী নাতিনীয়েকৰ মাজত এজনে মাথোন নাতি ফলত কদম আলিয়ে ফিৰদুচক বৰ মৰম কৰে সেয়ে সি ফিদুচৰ আবদাৰ পেলাব নোৱাৰি শেষত বিয়াৰ সময়ত দিব খোজা চাইকেলখনৰ কথা বিৱৰি কৈ ক'লে- শহুৰ-শাহু কেতিয়াবাই ঢুকাল৷ এতিয়ালৈকে কোনেও ভুলতো

চাইকেলখনৰ কথা নুলিয়ালে অথচ সিহঁতে নতুন মটৰ চাইকেল কিনি মোক দেখুৱাবলৈ আনে! মই যাম কিয় ?

ফিৰদুচে উৰহীৰ ওৰ বিচাৰি পাই ক’লে- অ’ এই কথা! ইমান দিন তেনেহ'লে চাইকেলৰ কথা কোৱা নাছিলা কিয়

কদম আলিয়ে আকোঁৰ-গোজ ভাবে ক’লৈ- প্ৰয়োজন নাছিল কাৰণে কোৱা নাছিলো এতিয়া প্রয়োজন হৈছে, কৈছো সিহঁতে মটৰ চাইকেল কিনিব পাৰিছে যদি মোক চাইকেলখন নিদিব কিয়? মোক চাইকেলখন লাগিবই এইদৰে কৈয়ে কদম আলিয়ে নাতিয়েকক সঁকীয়াই দিলে- তই কিন্তু এই কথা কাৰো আগত নক’বি মোৰ শপত

নক’লে সিহঁতে জানিব কেনেকৈ তুমি এই বৃদ্ধ বয়সত চাইকেলৰ কাৰণে ঠেহ পাতিছা? ফিৰদুচে যুক্তি দর্শালে

আৰে, চাইকেল মোক নালাগে নহয় কথাটো মনত পৰিছে, কৈছো অর্থাৎ ধৰা, মনৰ খজুৱতি মাৰিছো সাৱধান, তই কিন্তু এই কথা ভুলতো কেতিয়াও কাকো নক’বি

কথাত আছে, বেৰৰো হেনো কাণ আছে কথাটো গোপনে নাথাকিল ফিৰদুচে নক’লেও কথাটো ঘৰখনৰ আটায়েৰে কাণত পৰিল

আহুকাণে-পহুকাণে গৈ কথাটো ৰফিকহঁতৰ কাণতো পৰিল ভিনদেৱেকৰ ভীমৰতি ধৰিছে বুলি ঘৰখনত সৰস আলোচনাও চলিল এই প্রসংগত নানাজনে নানা মন্তব্যও আগবঢ়ালে অৱশেষত ৰফিকে প্ৰস্তাৱ আগবঢ়ালে- বিয়াৰ সময়ত চাইকেল দিয়াৰ কথা আছিল যেতিয়া ভিন্‌দেউক চাইকেলখন কিনি দিলে কেনে হয়? এই বয়সত চাইকেল চলাই পাওঁক মজাটো

কদম আলিক এসেকা দিয়াৰ মানসেৰেই ঘৰখনৰ আটায়ে ৰফিকৰ প্ৰস্তাৱত সন্মতি জনালে আটায়েৰে সন্মতি মৰ্মেই শেন মেলি ৰং চোৱাৰ উদ্দেশ্যে এসপ্তাহমান পাছত চাইকেল এখনো কিনিলে চাইকেলখন কিনাৰ পাছত ৰফিকে এদিন কদম আলিক নিবলৈ আহিল

চাইকেলৰ শুনি কদম আলিয়ে সেমেনা-সেমেনি কৰি ক'লে- চাইকেল কিনিছা? সিদিনা ফিৰদুচৰ লগত ঠাট্টাহে কৰিছিলো তদুপৰি এই বয়সত জানো চাইকেল চলাব পাৰিম?

আপোনাতকৈ বেছি বয়সৰ মানুহেও আজি-কালি বাইক চলায় সাধাৰণ চাইকেলহে নিশ্চয় পাৰিব ব’লক, চাইকেলখন লৈ আহিবহি আমাৰ ঘৰৰ আটায়ে আপোনাৰ কাৰণে অধীভাবে অপেক্ষা কৰি আছে এতিয়াই ওলাওক আপুনিতো চাইকেল চলাব নাজানে গতিকে ফিৰদুচক লগত লৈ ব’লক সি চলাই আহিব পাৰিব

ৰফিকে এইদৰে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো কদম আলি চাইকেলখন আনিবলৈ নগ’ল হয়তো শহুৰেকৰ ঘৰৰপৰা চাইকেলখন আনিবলৈ যাবলৈ সি সাহসে গোটাব নোৱাৰিলে এই বয়সত শহুৰেকৰ ঘৰৰপৰা চল্লিছ বছৰ আগত দিব খোজা চাইকেলখনলৈ অহা দেখিলে মানুহে তাক কি বুলি ভাবিব! তাক লোভী, স্বাৰ্থপৰ, অমানুহ বুলি নাভাবিবনে বাৰু মানুহে! অৱশেষত ৰফিকৰ অনুৰোধ পেলাব নোৱাৰি সি নাতিয়েক ফিদুচক ৰফিকৰ লগত পঠিয়াই দিলে ফিদুচে সিদিনাই চাইকেলখন লৈ আহিল

প্ৰথমাৱস্থাত কদম আলিয়ে চাইকেল চলাবলৈ আপত্তি কৰিছিল ফিদুচে আকোঁৰগোজ ভাবে লাগি থকাত অৱশেষত সি চাইকেল চলাবলৈ সন্মত হ'

ফিৰদুচে চাইকেলখন ধৰি ৰাখে আৰু সি চিটত বহি পেডেল মাৰে তাৰ চাইকেল চলোৱাৰ অৱস্থা দেখি বাটৰুৱাই ঘূৰি ঘূৰি চাই যায় নাতি সম্পৰ্কীয় দুই চাৰিজনে তাক ঠাট্টাও কৰে পুতেকহঁতে দেখিও নেদেখাৰ ভাওজুৰি মনে মনে আঁতৰি যায় গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে আলেঙে আলেঙে চাই ফিচিঙা-ফিচিঙি কৰে যিয়ে নহওঁক, এসপ্তাহমান চেষ্টা কৰাৰ পাছত সি চাইকেল চলাব জনা হ’ল পোন্ধৰ দিনৰ ভিতৰতে সি মোটা-মুটি ভালদৰেই চাইকেল চলাবলৈ শিকিলে

ভালকৈ চলাব জনা হোৱাত এদিন সি নিজে চাইকেল চলাই শনিবৰীয়া হাটলৈও গ' চাইকেল চলাই সি স্ফূৰ্তিও পালে তাৰ স্বভাবো বহু পৰিৱৰ্তন হ’ল সি চোলা গাত দিয়া হ' কামৰ প্ৰতি থকা আগৰ মোহ নোহোৱা হ' কাম-বন এৰি সি চাইকেল চলাই ইখন গাঁৱৰপৰা সিখন গাঁৱলৈ গৈ আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ লগত দেখাও কৰিলে এদিন সি চাইকেল চলাই ডাঙৰ জীয়েকৰ ঘৰলৈও গ’ল তাৰ এই পৰিৱৰ্তন দেখি পুতেক দুজনেও ভাল পালে

সিদিনা কদম আলি সৰু জীয়েকৰ ঘৰলৈ যাবলৈ ওলাইছিল সৰুজন জোঁৱায়েকৰ ঘৰ সিহঁতৰ ঘৰৰপৰা সাত-আঠ কিলোমিটাৰ আঁতৰৰ এখন গাঁৱত যাওঁতে দুই কিলোমিটাৰমান ৰাস্তা হাইৰোড্ৰৰ ওপৰেদি যাব লাগে হাইৰোড্ৰ ওপৰেদি যাওঁতেই ঘটিল ঘটনাটো

প্রত্যক্ষদর্শীৰ মতে সি তাৰ বাওকাষেদি সতৰ্ক ভাবেই গৈ আছিল কথাত কয়- ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে? হঠাৎ এখন মালবাহী ট্রাকে তাক পিচফালৰপৰা খুন্দা মাৰিলে ৷ খুন্দা খাই সি পকী ৰাস্তাৰ মাজত উফৰি পৰিল তাৰ মূৰ ফাটি তেজ ববলৈ ধৰিলে স্থানীয় ৰাইজে ততাতৈয়াকৈ হাস্পতাললৈ লৈ গ'ল যদিও ডাক্তৰে তাক মৃত বুলি ঘোষণা কৰিলে

ঘৰলৈ খবৰ আহিল খবৰ পাই পুতেকহঁতে মৃত কদম আলিক হাস্পতালৰপৰা ঘৰলৈ লৈ আহিল তাৰ দুৰ্ঘটনাৰ বাতৰি পাই ইতিমধ্যে অঞ্চলটোত প্ৰচাৰ হৈ গৈছিল৷ সেয়ে বহু মানুহ আহি তাৰ ঘৰখনত গোট খাইছিল তাৰ আকস্মিক মৃত্যুত আটায়ে শোকাভিভূত হৈ পৰিল দুৰ্ঘটনাৰ বিষয়ে নানাজনে নানা মন্তব্য আগবঢ়ালে বহুতে ট্রাকখনক জগৰীয়া কৰিলে দুই চাৰ্জিনে আকৌ চৰকাৰৰ গাতো দোষ জাপিলে বহুতে আকৌ দুৰ্ঘটনাৰ কাৰণে চাইকেলখনকে জগৰীয়া কৰিলে ইতিমধ্যে ৰফিকহঁতো আহি পাইছিল ৰফিকে দুৰ্ঘটনাৰ কাৰণে নিজকে জগৰীয়া কৰি ক'লে- আন কোনেও জগৰীয়া নহয় ভিন্‌দেউৰ মৃত্যুৰ কাৰণে মইহে জগৰীয়া ৷ মই চাইকেলখন কিনি নিদিলে ভিন্‌দেউ এইদৰে অকালতে প্ৰাণ হেৰুৱাব লগা নহ'লহেঁতেনভিন্‌দেৱে ক’লে বুলিয়ে মই এই বয়সত তেওঁক চাইকেলখন কিনি দিব নালাগিছিল

বয়োবৃদ্ধ মানুহ এগৰাকীয়ে মন্তব্য কৰিলে- দোষ কাৰো নহয় দোষ কদম আলিৰ অদৃষ্টৰ কাৰণ চৰণেহে জানে মৰণৰ ঠাই চাইকেলখন নিমিত্তহে মাত্ৰ তাৰ মৃত্যুৰ সময় আৰু স্থান তাৰ জন্মৰ সময়তে স্থিৰ কৰা আছিল যাৰ বাবে সি আদহীয়া বয়সত চাইকেলখনৰ বাবে জেদ ধৰিছিল

বহুতেই বৃদ্ধগৰাকীৰ মন্তব্যক সমর্থন জনালে

সময়ত এক শোকাকুল পৰিৱেশত কদম আলিৰ জানাজা সম্পন্ন কৰা হ’ল বহুদিনলৈ কদম আলিৰ মৃত্যু সম্পর্কে আলোচনা চলি থাকিল

এতিয়াও দুৰ্ঘটনাজনিত মৃত্যুৰ খবৰ শুনিলে বহুতে কথা প্রসংগত কদম আলিৰ মৃত্যু সম্পর্কে আলোচনা কৰে

(জনসাধাৰণত প্ৰকাশিত)

 

                     তলসৰা ফুল

চেলিমাই গৰম পানীৰ গিলাচটো নুৰুলৰ হাতত দি ক'লে- চাই লওঁক, গৰম অলপ বেছি হ'ব পাৰে

নুৰুল পানীত আঙুলি ডুবাই ক’লে-নাই নাই, ঠিকেই আছে গৰম অকণমান বেছি হ'লে ভালেই হয় দিয়াচোন ঔষধতকৈ গৰম পানীয়ে যেন বেছি কাম কৰে এইদৰে কৈ নুৰুলে টেবলেট এটা মুখত দি দুই ঢোকমান পানী খাই গিলাচটো মেজৰ ওপৰত নমাই থৈ ক’লে- পৰীক্ষা নকৰোৱাকৈ ঔষধ খাই লাভ নহ’ব ডাক্তৰে এক্সৰেৰ কথা কৈছে এক্সৰেটো কৰাই চাব পাৰিলে ভাল আছিল

ম‍ই ইতিমধ্যে মহিমক কথাটো কৈছো সি দেখোন গুৰুত্বই নিদিলে মোৰ কথাত চেলিমাই হতাশ কণ্ঠত ক’লে

নুৰুল আক্ষেপৰ সুৰত ক'লে- মই মানুহজন কাঁহি কাঁহি তৰণি নোপোৱা হৈছো আজি ওৰেটো ৰাতি কাঁহি কাঁহি কটাইছো সি জানো এইবোৰ শুনা নাই? ভুলতো সি এবাৰৰ কাৰণে মোৰ খবৰ ল’বলৈ নাহিল

আজি-কালি বৃদ্ধ মাক-দেউতাকৰ খবৰ ল’বলৈ কেইটা ল’ৰাইনো সময় পায়? বিয়া-বাৰু কৰোৱাৰ পাছত আজিকালিৰ ল'ৰাই মাক- বাপেকৰ লগত সম্বন্ধই ৰাখিব নুখুজে৷ চেলিমাই নুৰুলৰ সুৰতে সুৰ মিলাই ক'লে

দিন-কাল সলনি হ’ল বুজিছা, দিন-কাল সালনি হ’ল আজি-কালি আটায়ে নিজক লৈ ব্যস্ত মাক-বাপেকে কিমান আশা পালি সন্তান  মানুহ কৰে. সেয়া যদি সন্তানে বুজিলেহেঁতেন তেনেহ'লে মাক-বাপেকক এনেকৈ এৰাই চলিব নোৱাৰিলেহেঁতেন এইদৰে আক্ষেপ কৰি নুৰুলে হুমুনিয়াহ কাঢ়ি ক'লে- সন্তানৰ সেৱা পাবলৈ হ'লে ভাগ্যও লাগে বুজিছা..... বাক্যটো শেষ হোৱাৰ লগে লগে কাঁহ পুনৰ উক্ দি উঠিল কাঁহৰ প্ৰকোপত তাৰ চকুপানী ওলাই আহিল চেলিমাই তাৰ বুকু পিহি দিবলৈ ধৰিলে কাঁহ অকণমান শাম কটাত নুৰুলে পুনৰ ক’লে- এটা কাম কৰা নহ’লে, মোক যি দুবিঘা মাটি দিয়াৰ কথা আছিল তাৰপৰা আধা বিঘামান মাটি বিক্ৰী কৰি মোৰ চিকিৎসাৰ ব্যৱস্থা কৰা এনেকৈনো আৰু কিমান দিন কষ্ট কৰিম

নুৰুলে মিছা কোৱা নাই বিয়াৰ সময়ত সঁচাকৈয়ে তাক দুবিঘা মাটি দিয়াৰ কথা আছিল সেয়া বিছ বাইছ বছৰ আগৰ কথা

নুৰুল চেলিমাৰ দ্বিতীয় পক্ষৰ গিৰিয়েক প্রথম পক্ষৰ গিৰিয়েক আমজাদৰ মৃত্যুৰ পাছত তাই পাঁচ বছৰীয়া পুতেক মহিম আৰু ছোৱালী দুজনী লৈ বৰ সমস্যাত পৰিছিল ঠিক নাও বুৰা নাবিকৰ দৰেই অৱস্থা হৈছিল তাইৰ কুল-কিনাৰা বিহীন সংসাৰ সমুদ্ৰত পৰি তাই ককাই আছিল ঠিক তেতিয়াই নুৰুল চেলিমাৰ জীৱনলৈ আহিছিল আহিছিল বুলি ক’লে ভুল হ’ব, তাই নিজেই নুৰুলক মাতি আনিছিল

মৃত্যুৰ সময়ত আমজাদে সাত আঠ বিঘা খেতিৰ মাটি এৰি গৈছিল আমজাদৰ আত্মীয়সকলে সেই মাটি গ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছিল প্রথমাৱস্থাত অৱশ্যে নিজ স্বার্থ সিদ্ধিৰ বাবে সিহঁতে প্রকৃত হিতাকাংক্ষীৰ দৰেই আচৰণ কৰিছিল কোন কিমান ছেলিমাহঁতৰ হিতাকাংক্ষী সিহঁতৰ মাজত যেন তাৰে প্ৰতিযোগিতা চলিছিল সেই হিতাকাংক্ষীসকলৰ মাজত আমজাদৰ কনিষ্ঠ ভায়েক আকবৰো আছিল শেষত প্রতিযোগিতাত আকবৰৰে জয় হৈছিল

আকবৰ চেলিমাহঁতৰ অভিভাৱক হৈ পৰিল প্ৰথমাৱস্থাত প্রকৃত হিতাকংক্ষীৰ দৰে আচৰণ কৰিলেও সময়ত তাৰ আচল স্বৰূপ ওলাই পৰিল ৷ এদিন আকবৰে ছেলিমাক ক'লে- নবৌ, বৰ্তমান যি দিন-কাল পৰিছে মানুহক বিশ্বাস কৰাই টান আধিয়াৰ সকলতো শেনৰ এজাত তোমালোকৰ যি কেই বিঘা মাটি আছে, আধি-ঠিকা দিলে সেই শস্যৰে তোমালোকৰ ছমাহো নাটিব গতিকে কাম এটা কৰো, তোমালোকে খাব পিন্ধিবহে লাগে ময়ে তোমালোকৰ মাটিত হাল-কোৰ মাৰো এতিয়াৰপৰা তোমালোক আমাৰ লগতে খাবা মহিমতো আমাৰ বংশৰে সন্তান সি অকণমান বুজিবপৰা হ'লেই তাক সম্পত্তি চমজাই দিমহি

প্ৰস্তাৱটোত আপত্তি কৰাৰ কোনো কাৰণ নেদেখিলে চেলিমাই গতিকে তাই বিনাদ্বিধাই আকবৰৰ পৰিয়ালভূক্ত হ’ল খোৱা-লোৱাৰ ব্যৱস্থাও হ’ল আকবৰহঁতৰ লগতে সিহঁতৰ ঘৰ একেটা ভেটিত আছিল আমাজাদ জীয়াই থাকোঁতে মাজত তৰ্জাৰ বেৰা দিছিল নাই নাই, কোনো কাজিয়া-পেচাল কৰি নহয় সাৱধানতা বশতঃহে বেৰাটো দিয়া হৈছিল ল’ৰা-ছোৱালী, গৰু-ভেড়ালৈ সংসাৰ দুই এটা হাঁহ- কুকুৰাও পুহিব লাগে কেতিয়া কাৰ কি ক্ষতি কৰে একো ঠিক নাই ফিঙতিৰপৰা খাণ্ডৱদাহ হোৱাটোও অস্বাভাৱিক নহয় সেয়ে দুটা পৰিয়ালৰ সাক্ষী হিচাপেই বেৰাটো দিয়া হৈছিল সেই বেৰা উঠি গ' চেলিমাই দেওৰেকৰ সংসাৰত মন-প্ৰাণ ঢালি দিলে

আকবৰৰ ঘৈণীয়েক আকতাৰা সিহঁত একেলগে থাকোতে এইখন সংসাৰলৈ আহিছিল চেলিমাৰ লগত তাইৰ সম্বন্ধও ভাল আছিল সেয়ে জাকক নিজৰ লগত পাই আকতাৰাও সুখী হ’ল তাইৰ কামৰ বোজা কমিল দেহটোক অলপ আৰামত ৰাখিবপৰা হ' ঘৰৰ বেছিভাগ কাম ছেলিমাই কৰে ৰন্ধা-বঢ়াৰপৰা আৰম্ভ কৰি গৰু-ভেড়াৰ দানা-পানী খুওৱালৈকে চেলিমাই নিজক কামৰ মাজত আৱদ্ধ ৰাখি ভালো পায় কাৰণ কামৰ মাজত আৱদ্ধ থাকিলে মনৰ দুঃশ্চিন্তাৰ ভাৰ লাঘৱ হয়- আমজাদৰ স্মৃতিয়ে মনটোক আমনি কৰিব নোৱাৰে এইদৰেই এটা বছৰ পাৰ হ'

সিদিনা আকবৰ বজাৰৰপৰা আহি ক'লে- নবৌ, মাটি এবিঘা বন্ধকত থ’লো টকাৰ বিশেষ দৰ্কাৰ হৈছিল এইদৰে কৈ পকেটৰপৰা দলিল এখন উলিয়াই বিশেষ এঠাইত নখেৰে দাগ কাটি চেলিমাৰ ফালে আগবঢ়াই ক’লে- এয়া ইয়াত চহী এটা কৰি দিয়া হাতলৈ টকা আহিলেই মাটিডৰা মোকলাই ল’মহি ভয় কৰিব নালাগে টকা ঘূৰাই দিলে পুনৰ তোমালোকৰ সম্পত্তি তোমালোকৰে হ’ব

চেলিমাই বিশেষ ভবা-চিন্তা নকৰাকৈ আকবৰে দেখুৱাই দিয়া ঠাইত চহী কৰি দিলে কাৰণ আমজাদ জীয়াই থাকোতেও টকাৰ প্ৰয়োজন হ’লে এইদৰে মাটি বন্ধকত থোৱা তাই প্রত্যক্ষ কৰিছে টকা পৰিশোধ কৰি দলিল ঘূৰাই আনি চিঙি পোলোৱাটোও তাই প্রত্যক্ষ কৰিছে কাৰণ সংসাৰত থাকিলে টান-আপদ থাকেই ধাৰ-কৰ্জ কৰিব লগা হয়েই

কিন্তু তিনিমাহমান পাছত আকবৰ পুনৰ যেতিয়া আন এখন দলিল লৈ চেলিমাৰ সন্মুখত উপস্থিত হ’ল তেতিয়া তাইৰ মনত সন্দেহ উপজিল আকৌ চহী! তাই সন্দেহ প্রকট কৰি ক'লে- আকৌ চহী? এইবাৰ আকৌ মাটি বন্ধকত থোৱাৰ কি প্রয়োজন হ'?

আকবৰ ক'লে- আমাৰ খেতিৰ মাটিৰ লগতে এবিঘা মাটি বিক্ৰী হৈ আছে গতিকে মাটিডৰা এৰি দিয়াটো ঠিক নহ’ব সেয়ে মাটিডৰা কিনিব খুজিছো

চেলিমাই আপত্তি কৰি ক'লে- ভাল কথা আমাৰ মাটিৰ লগতে মাটি যেতিয়া কিনিব পাৰিলে বেয়া নহ’ব কিন্তু সিবাৰ আমাৰ মাটি থৈছো এইবাৰ নহ’লে বেলেগ মাটি থোৱাগৈ

বেলেগ মাটিৰ অৰ্থ আকবৰে উপলব্ধি কৰিব পাৰিলে তাৰ ভ্ৰযোৰ কোঁচ খাই গ' সি খন্তেক ভাবি ক’লে-বাৰু, তুমি আপত্তি কৰিছা যেতিয়া নালাগে চহী কৰিব মোৰ নিজৰ নামৰ মাটিকে থ’ম বাৰু ৰাস্তাৰ কাষত তোমালোকৰ যি মাটিডৰা আছে তাৰ সৰহ ভাগ শস্য গৰু- ছাগলীয়ে নষ্ট কৰে গতিকে সেই ডৰা থোৱাৰ কথা ভাবিছিলো তোমাৰ যদি আপত্তি, নালাগে বাৰু

আকবৰ মুখত এইদৰে ক’লেও তাৰ দৃষ্টিত বিৰক্তিৰ ৰেখা ফুটি উঠিল কপালৰ ৰেখা কোঁচ খাই গ' চেলিমাই অৱশ্যে কথাটো লক্ষ্য নকৰাকৈ নাথাকিল কিন্তু উপায় নাই মনৰ ভাষা বুজা টান নিজৰ মাটি বন্ধকত নথৈ বাৰে বাৰে সিহঁতৰ মাটি বন্ধকত থোৱাৰ কাৰণ কি? নিজকে নিজে প্রশ্ন কৰিলে চেলিমাই

সেই চহী নিদিয়াটোৱে কাল হ’ল আকবৰে চেলিমাক অৱজ্ঞা কৰি চলিবলৈ ধৰিলে 'ৰা-ছোৱালীকেইটাকো আগৰ দৰে মাত-বোল মৰম নকৰা হ’ল আগতে হাট-বজাৰৰপৰা মিঠৈ আনিলে মহিমৰ হাতত দিছিল- হোঁ, মহিম ল' আটায়ে ভগাই খাগৈ যা এই নিয়মৰ পৰিৱৰ্ত্তন হ’ল মিঠৈৰ টোপলা তাৰ নুমলীয়া জীয়েক ফৰিদাৰ হাতত দিয়া হ’ল চেলিমাৰ কাম-বন লৈও খুঁত-খাত উলিয়াবলৈ আৰম্ভ কৰিলে- দুপৰ প্ৰায় হ’বৰে হ’ল, এতিয়ালৈকে গোহালিত গোবৰ ৰৈ আছে লোকক বহুৱাই খুৱাবলৈ মোৰ ৰাজভাণ্ডাৰ নাই কাম কৰিবলৈ যদি বেয়া লাগে আমাৰ ঘৰত নাথাকিলেই ভাল পাম

ইংগিত যে চেলিমাৰ ফালে এই কথা বুজিবলৈ তাইৰ অসুবিধা নহয় অথচ তেতিয়াও গোবৰ পেলোৱাৰ সময় উকলি যোৱা নাই ল’ৰা- ছোৱালীকেইটাকো হকে-বিহকে ডাবি-ধমকি দিয়াটোও নিত্য নৈমিত্তিক ঘটনাত পৰিণত হ’ল এদিন আকবৰ বজাৰৰপৰা সৰু মাছ আনিছিল তাৰ মাজত সৰু কাৱৈ টিলা এটা আছিল মহিম মাছটোৰ কাৰণে জেদ ধৰিলে ইফালে ফৰিদাকো লাগে মাছটো এটা মাছ দুজনক লাগে কাকনো দিয়ে.! নিৰুপায় হৈ চেলিমাই মাছটো উভয়ক ভগাই দিলে তেতিয়া সম্পূৰ্ণ মাছটোৰ কাৰণে মহিম কান্দিবলৈ ধৰিলে আকবৰ আলেঙে আলেঙে ঘটনাটোৰ বুজ লৈ আছিল মাছটো ভগাই দিয়াৰ লগে লগে সি আহি উপস্থিত হ’ল আৰু মহিমক কান্দি থকা দেখি ক’লে- নবাবৰ পুতেকক মাছ লাগে! মোৰ ইয়াত থাকিলে জেদ নচলিব যি দিম তাকে খাব লাগিব

ইয়াৰ পাছৰপৰা ফ্ৰিঙতিৰপৰা খাণ্ডৱদাহ হ’বলৈ ধৰিলে আকতাৰা প্ৰথমাৱস্থাত বিশেষ মাত মতা নাছিল যদিও আকবৰৰ শিকনিত তায়ো হকে-বিহকে কথা শুনাবলৈ ধৰিলে ফলত বাধ্য হৈ পুনৰ বেলেগে খাবলৈ ল'লে ভেটিত পুনৰ তৰ্জাৰ বেৰা উঠিল দুয়োখন ঘৰৰ মাজত মাত-বোল বন্ধ হ'

তিনিটা সন্তানৰ মাক হ’লেও চেলিমাৰ ৰূপ যৌৱন তেতিয়াও অটুট আছিল সিহঁতৰ এই মনোমালিন্যৰ সুযোগলৈ গাঁৱৰ উতনুৱা ডেকাকিছুমানে তাইক ব্যতিব্যস্ত কৰি তুলিলে বাটে-ঘাটে লগ পালে সুহুৰি বজায় অশ্লীল অংগী-ভংগী কৰে এদিন তাই আকবৰক কথাটো অৱগত কৰিলে কিন্তু তাই সুফল নাপালে 'নিজে ভাল হ’লে জগত ভাল’ বুলি কৈ সি পাকে-প্ৰকাৰে তাইকে জগৰীয়া কৰিলে ফলত এই ক্ষেত্ৰত আকবৰৰ উচটনি থাকিব পাৰে বুলিও তাইৰ মনত সন্দেহ উপজিল কাৰণ মানুহ স্বাৰ্থৰ কাৰণে বহু তললৈ নামিব পাৰে কিন্তু আকবৰ ইমান তললৈ নামিব বুলি তাই ভবা নাছিল মানুহে বেৰা দিয়ে খেতি ৰক্ষা কৰাৰ কাৰণে; কিন্তু বেৰাই যেতিয়া খেতি খাবলৈ ধৰে তেতিয়া একো উপায় নাথাকে সেয়ে তাই ভাগ্যক ধিয়াই মনে মনে থাকিল

তাইৰ এই মৌনতাৰ সুযোগ লৈ মজিদ নামৰ ডেকাজন অধিক সাহসী হৈ উঠিল

মজিদ তাইৰ দূৰ সম্পৰ্কীয় দেওৰেক সি কিছু লেখা-পঢ়াও জানে মেট্রিক ফেল তিনিবাৰ মৌট্রিক দিও কৃতকার্য হ’বপৰা নাই এবাৰ পঞ্চায়ত নির্বাচনতো প্রার্থী হৈছিল জয়ী হ’বপৰা নাই বিয়া-বাৰু কৰোৱা নাই উতনুৱা ডেকা চৰিত্ৰ ভাল নহয় বুলিও তাৰ দুৰ্নাম আছে

সিদিনা অন্ধকাৰ ৰাতি চেলিমা ল’ৰা-ছোৱালীকেইটালৈ শুই আছিল বাহিৰত কিহবাৰ শব্দ শুনি তাই কাণ উনালে দুৱাৰত টুকুৰিয়াই তাইক কোনোবাই মাতিছে- নবৌ, দুৱাৰ খোলা

কণ্ঠস্বৰ শুনি তাই মজিদ বুলি ধৰিব পাৰিলে

তাই মজিদৰ মাতত সঁহাৰি নিদি ল'ৰা-ছোৱালীকেইটাক মাতি জগাই দিলে

ল’ৰা-ছোৱালীকেইটা সাৰ পাই উঠাত সিদিনা মজিদ গুচি গৈছিল

ইয়াৰ ঠিক দুদিন পাছত নুৰুল চেলিমাহঁতৰ ঘৰলৈ আহিছিল নুৰুল চেলিমাৰ মাহীয়েকৰ ল’ৰা চেলিমাতকৈ পাঁচ বছৰৰ সৰু বিয়া- বাৰু কৰাইছিল তিনিমাহমান আগত সন্তান প্ৰসৱ কৰিবলৈ গৈ তাৰ ঘৈণীয়েকৰ মৃত্যু হৈছে

চেলিমাই কথা প্ৰসংগত নুৰুলক ক’লে- পিচে, তুমি পুনৰ বিয়া-বাৰু নকৰোৱা নেকি?

নুৰুলে হুমুনিয়াহ ক’লে- চাওঁ কি কৰো এই বিষয়ে এতিয়ালৈকে একো ভবা নাই

চেলিমাই কিবা এটা মনত পৰাৰ দৰে ক'লে- তোমাৰতো মাটি সম্পত্তি বিশেষ নাই তাতেতো তুমি আধি-ঠিকা লৈয়ে খেতি কৰি আছা ইফালে সংসাৰত বুলিবলৈও তুমি অকলেই গতিকে তুমি আমাৰ ইয়াত থাকি আমাৰ মাটিয়ে আধি হিচাপে খেতি নকৰা কিয় চেলিমা আবেগ মিহলি ক’লে- হলাগছ পালে আটায়ে বাগি কুঠাৰ মাৰে লোকৰ ওচৰত আধি-ঠিকা দিলে শস্যও ভালদৰে নুবুজায় গতিকে বছৰ দিনলৈ খাবলৈকে নাটে

প্ৰস্তাৱটো নুৰুলৰ বেয়া নালাগিল তাৰ নিজৰ মাথোন এবিঘা মাটি গতিকে সি আধি-ঠিকালৈয়ে খেতি কৰে আজি-কালি লোকৰ মাটি আধি-ঠিকা পোৱাও টান হৈছে কাৰণ খেতিৰ মাটিতকৈ খেতি কৰা মানুহৰ সংখ্যা সৰহ হৈছে

কেইদিনমান পাছত নুৰুল টালি-টোপলা বান্ধি চেলিমাহঁতৰ সংসাৰলৈ আহিল পাক ঘৰত বেৰ দি কোঠা বনাই তাত নুৰুলৰ থকাৰ ব্যৱস্থা কৰা হ’ল তাৰ খোৱা-লোৱাৰ ব্যৱস্থাও হ’ল চেলিমাহঁতৰ লগতে নুৰুল অকলশৰীয়া মানুহ ৰন্ধা-বঢ়া কৰি খোৱাৰো বিশেষ অভিজ্ঞতা নাই গতিকে চেলিমাহঁতৰ লগত খোৱা-লোৱাৰ ব্যৱস্থা হোৱাত তাৰ বিশেষ সুবিধা হ’ল নুৰুল সপ্তাহত চাৰি পাঁচ দিন চেলিমাহঁতৰ

মাটিত হাল-কোৰ মাৰে আৰু বাকী কেইদিন তাৰ খোৰাক যোগাৰৰ বাবে লোকৰ ঘৰত দিন হাজিৰা কৰে টকা-পইচা আনি চেলিমাৰ হাততে দিয়ে এমাহমান এইদৰে চলাৰ পাছত এটা সমস্যাই দেখা দিলে সমস্যা সৃষ্টি কৰিলে আকবৰে সি চেলিমা আৰু নুৰুলৰ সম্বন্ধলৈ অপপ্ৰচাৰ  চলালে সি গাঁৱৰ মানুহক উত্তেজিত কৰিবলৈ ক'লে- ‘আমি গাঁৱৰ মানুহবোৰ মৰিলো নেকি? চকুৰ আগত এনেকুৱা ব্যভিচাৰ কিমান দিন চাই থাকিম? সোনকালে ইয়াৰ বিহিত নকৰিলে বেলেগ সমাজৰ মানুহে আমাক এঘৰীয়া কৰিহে এৰিব বিধবা আৰু বৰলা একেটা ঘৰত থাকিলে তাত কি নহ'ব পাৰে’ নক'লেও হ’ব যে তাৰ লগত মজিদেও সুৰ মিলালে

সিহঁতৰ অপপ্ৰচাৰত ভোল গৈ গাঁৱৰ মানুহ বিদ্রোহ হৈ উঠিল

সিদিনা সন্ধিয়া আকবৰ আৰু মজিদৰ নেতৃত্বত গাঁৱৰ মানুহ বিশেষকৈ নুৰুলৰ কাৰণে যিসকলে মাটি আধি-ঠিকা পোৱাৰপৰা বঞ্চিত হৈছিল সিহঁত আহি চেলিমাহঁতৰ চোতাল ভৰি পৰিল আটায়ে নুৰুলক খেদি পঠিয়াবলৈ দাবি জনালে চেলিমাই আত্মপক্ষৰ সমৰ্থনত বহু যুক্তি দৰ্শালে যদিও বানৰ মুখৰ খেৰকুটাৰ দৰে সেয়া ভাহি গ' সেয়ে তাই মনে মনে চৰম সিদ্ধান্ত ল’লে তাই নুৰুল লগত বিয়া পতাৰ কথা ভাবিলে কিন্তু তাই কথাটো প্ৰকাশ নকৰি ক'লে- ‘বাৰু, আপোনালোকে বিচৰা মতেই কৰা হ’ব কিন্তু মোক দুদিন সময় দিব লাগিব' তাইৰ কথাত পতিয়ন গৈ উপস্থিত মানুহবিলাকক সিদিনাৰ কাৰণে ঘৰা-ঘৰি গুচি গ'

পাছদিনা চেলিমাই তাইৰ ডাঙৰ ভিনিহিয়েকক মাতি আনি তাইৰ অসুবিধাৰ কথা বুজাই ক’লে ভিনিহিয়েকে সকলো কথা শুনি ক'লে- এতিয়া কি কৰিম বুলি ভাবিছা?

পোনপটীয়া ভাবে বিয়াৰ কথা নকৈ চেলিমাই ভূমিকাৰে আৰম্ভ কৰিলে-পুৰুষ মানুহ নোহোৱাকৈ এইখন ঘৰত মই অকলে থকাটো সম্ভৱ নহ’ব মজিদৰ কথাতো আপোনাক মই আগতেই কৈছো নুৰুল ইয়াৰপৰা গুচি গ'লেই সি পুনৰ উৎপাত আৰম্ভ কৰিব গতিকে মই নুৰুলক নিগাজিকৈ ইয়াত ৰখাৰ কথা ভাবিছো

কিন্তু কেনেকৈ? ভিনিহিয়েক কৌতুহলী হৈ উঠিল

মই তাৰ লগত বিয়াত সোমোৱাৰ কথা ভাবিছো দেউতাক মই নিজে কথাটো কোৱা সম্ভৱ নহ'ব বুলি ভাবি তেওঁক নামাতি আপোনাক মাতি আনিছো

নুৰুলৰ লগত বিয়া! ভিনিহিয়েকে সংশয় প্রকাশ কৰি ক'লে- কিন্তু নুৰুলে জানো সন্মত হ’ব? তুমি জানো তাৰ লগত এই বিষয়ে কথা পাতিছা?

কথা অৱশ্যে পতা নাই তথাপিও মোৰ বিশ্বাস সি অমত নহ’ব এইদৰে কৈ চেলিমাই পৰামৰ্শ আগবঢ়ালে-আপুনি তাৰ লগত আলোচনা কৰি চাওকচোন আগতে সি সন্মত হোৱা নোহোৱাটো পাছত দেখা যাব

চেলিমাৰ পৰামৰ্শ মতে ভিনিহিয়েকে কথাটো নুৰুলৰ কাণ চোৱালে নুৰুল প্ৰথমাৱস্থাত চেলিমাৰ বয়সৰ কথা ভাবি কিছু অস্বস্তি অনুভব কৰিছিল যদিও শেষত তাইৰ পৰিস্থিতিৰ কথা ভাবি সি বিশেষ আপত্তি নকৰাকৈ বিয়াত সন্মতি জনালে ভিনিহিয়েকে সিদিনাই চেলিমাৰ দেউতাকৰ লগত কথাটো আলোচনা কৰিলে দেউতাকে আপত্তি কৰাৰ বিশেষ কাৰণ নেদেখি বিয়াত সন্মতি জনালে পাছদিনা সন্ধিয়া সিহঁত দুয়ো চেলিমাহঁতৰ ঘৰলৈ আহিল ৰাতি চেলিমা আৰু নুৰুলৰ লগত আলোচনা কৰি বিয়াৰ সিদ্ধান্ত খাটাং কৰিলে আৰু পাছদিনা ৰাতিপুৱা সিহঁত গাঁৱৰ মুখিয়াল মানুহ কেইজনমানক লগ ধৰি এই বিষয়ে মতামত বিচাৰিলে কথাটোত আপত্তি কৰাৰ কোনো কাৰণ নেদেখি সিহঁতেও বিয়াত সন্মতি জনালে শুভস্য শীঘ্রম ফলত সিদিনা ৰাতিয়ে মৌলবী মাতি নুৰুল আৰু চেলিমাৰ বিয়া পাতি দিলে বিয়াৰ সময়ত এটা চৰ্ত বান্ধি দিলে- নুৰুলে মাটি-সম্পত্তি ভোগ দখল কৰিব পাৰিব ঠিকেই, কিন্তু কোনো পৰিস্থিতিতেই মাটি বিক্ৰী কৰিব নোৱাৰিব 'ৰা-ছোৱালীকেইটা ডাঙৰ হ’লে তাক দুবিঘা মাটি দিয়া হ’ব ইচ্ছা কৰিলে নুৰুলে সেই মাটি বিক্ৰী অথবা হস্তান্তৰ কৰিব পাৰিব

নতুন সংসাৰত নুৰুলে মন-প্রাণ ঢালি দিলে আকবৰে ইতিমধ্যে বন্ধকত থোৱা মাটি সি এবছৰৰ মূৰত মোকলাই নিজৰ দখললৈ আনিলে আমজাদৰ ল'ৰা-ছোৱালীকেইটাক সি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিবলৈ ধৰিলে সময়ত ল'ৰা-ছোৱালীকেইটা ডাঙৰ হ’ল ছোৱালী দুজনীক কেতিয়াবাই বিয়া দি উলিয়াই দিছে মহিম নিজে কইনা চাই বিয়া কৰাইছে

বিয়াৰ পাছৰপৰাই যেন মহিমে নুৰুলহকক এৰাই চলিবলৈ আৰম্ভ কৰিছে খুড়াকৰ লগত বর্তমান তাৰ সম্পৰ্ক ভাল খুড়াকৰ লগত পৰামৰ্শ নকৰাকৈ সি কোনো কাম নকৰে তাৰ বিয়াৰ ক্ষেত্ৰতো খুড়াকেই আগভাগ লৈছিল বুলি চেলিমাহঁতে আহুকাণে-পহুকাণে জানিব পাৰিছে খুড়াকৰ পৰামৰ্শ অনুসৰিয়ে মহিম সংসাৰৰ সকলো দায়িত্ব নিজৰ হাতলৈ নিছে তাৰ বাবে অৱশ্যে নুৰুলে বেয়া পোৱা নাই কাৰণ তাৰ কৰিবলগা খিনি সি কৰিছে সি এতিয়া পেটৰ ভাত আৰু পিন্ধোনৰ কাপোৰডোখৰ পালেই যথেষ্ট এইখন সংসাৰৰ কাৰণে সি যথেষ্ট কৰিছে বর্তমান তাৰ দেহৰ বলো পৰি আহিছে আগৰ দৰে খাটিব নোৱাৰা হৈছে তথাপিও সি অৱশ্যে বহি নাথাকে কামৰ শৰীৰ বহি থাকিলে কিবা যেন অস্বস্তি অনুভৱ কৰে সেয়ে সৰু-সুৰা কামলৈ ব্যস্ত থাকিবলৈ চেষ্টা কৰে; কিন্তু এষাৰ কথাই তাক কেতিয়াবা আমনি কৰে তাৰ মৃত্যুৰ লগে লগেই তাৰ জগতখন শেষ হৈ যাব কাৰণ মৃত্যুৰ পাছত মানুহ নিজৰ সন্তান-সন্ততিৰ মাজত জীয়াই থাকে কিন্তু তাৰ ঔৰষত কোনো সন্তান-সন্ততি নাই অৱশ্যে ইয়াৰ বাবে সি নিজে জগৰীয়া নহয় জগৰীয়া তাৰ অদৃষ্ট কাৰণ আমজাদ জীয়াই থাকোতেই চেলিমাইলাইগেশ্বন’ কৰাই সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাইছিল

কেইদিনমানৰপৰা সি বুকুত যেন অলপ বিষ অনুভৱ কৰি আছে বিষটো নতুন নহয়- পুৰণি৷ এবাৰ খেজুৰ গছ কাটিবলৈ গৈ গছৰপৰা পৰি বুকু আৰু কঁকালত আঘাত পাইছিল ফামচিীৰপৰা ঔষধ খাই তেতিয়া ভাল পাইছিল যদিও বর্তমান অলপ পানীলগাৰ ভাব হ'লেই পুৰণি বিষটো উক্ দি উঠে সিদিনা চহৰলৈ গৈ ডাক্তৰ দেখুৱাই ঔষধ আনিছে ডাক্তৰৰ বিধান অনুসৰি ঔষধ খায়ো আছে কিন্তু বিষটো ভাল পোৱা নাই ডাক্তৰে এক্সৰেৰ কথা কৈছে কিন্তু টকাৰ কাৰণে এক্সৰেটো কৰাব পৰা নাই আজি ৰাতিৰপৰা বিষৰ প্ৰকোপ যেন অলপ বাঢ়িছেহে ওৰেটো ৰাতি সি কাঁহি কাঁহি কটাইছে

চেলিমাই পুৰণি কথাবোৰ মনে মনে ৰোমন্থন কৰি হুমুনিয়াহ কাঢ়ি ক’লে- আপুনি কৈছে যেতিয়া কথাটো মহিমক কৈ চাও মাটি তাৰ নামতহে আছে সি বা আকৌ কি কয়!

তাৰ নামত থাকিলেই যেনিবা সেই বুলি সেই মাটি তাৰ হৈ যাব নেকি? বিয়াৰ সময়ত মোক যি দুবিঘা মাটি দিয়াৰ কথা আছিল সেয়া এতিয়া পাহৰিলে কেনেকৈ হ’ব? তুমি কথাটো আগতে মহিমৰ কাণ-ছোৱাই চোৱাচোন

মহিম আলেঙে আলেঙে মাক-দেউতাকৰ কথা শুনি আছিল সি আগবাঢ়ি আহি ক’লে-কোনে কেতিয়া কি কৈছিল সেয়া মই নাজানো মোৰ এক কথা, মাটি বিক্ৰী কৰি মই পৰৰ চিকিৎসা কৰাব নোৱাৰো

কি ক’লি, লোকৰ চিকিৎসা? নুৰুল আক্ষেপৰ সুৰত ক’লে- আজি মই পৰ হ’লো? মই নিজে নাখাই-নবৈ এই সম্পত্তি ৰক্ষা কৰিছো তহঁতক মানুহ কৰিছো মই কোনো দিনে তহঁতক পৰ বুলি ভবা নাই নিজৰ ঔৰষৰ সন্তানৰ দৰেই ভাবি আহিছো তই মোৰ চিকিৎসা নকৰালি নাই, সেই বুলি মোক পৰ বুলি নক’বি

তুমি পৰ নহয়নো কি? মোৰ নিজৰ বাপেকতো নোহোৱা তুমি আমাৰ সম্পত্তিৰ ওপৰত নিজে খাইছা, আমাকো খুৱাইছা মই সকলো জানো আমাৰ সম্পত্তিৰ লোভত পৰিহে তুমি এইখন সংসাৰলৈ আহিছিলা খুড়াৰ মুখত মই সকলো শুনিছো

মহিমে খুড়াকৰ নাম লোৱাত চেলিমা গৰ্জি উঠিল- খুড়া? কোন খুড়া? খুড়ায়েৰৰ নাম মোৰ সন্মুখত নল’বি এওঁ নাহিলে এই সংসাৰৰ নাম-গোন্ধও নাথাকিলহেঁতেন৷ খুড়ায়েৰে কেতিয়াবাই এই সম্পত্তি গ্ৰাস কৰি তহঁতক বাটৰ ভিকহু কৰিলেহেঁতেন

তুমি ওকালতি কৰিবলৈ নাহিবা আমাৰ প্ৰতি মৰম থাকিলে তুমি কেতিয়াও পুনৰ বিয়াত নুসোমালাহেঁতেন

চেলিমা আৰ্তনাদ কৰি উঠিল- কি ক’লি? তহঁতৰ প্ৰতি মোৰ মৰম নাই? মই যি কৰিছো, তহঁতৰ ভালৰ কাৰণেই কৰিছো মই সকলো বুজিব পাৰিছো, আকবৰেই তোৰ মূৰটো খাইছে তাৰ পৰামৰ্শ মতেই তই বিয়া কৰাইছ৷ সেয়া আমি নাজানো বুলি ভাবিছ নেকি?

চেলিমাই কথাটো মিছা কোৱা নাই অলপ বুজিবপৰা হোৱাৰে পৰা আকবৰে নানা টুটকীয়া কথা কৈ মহিমক মাক-দেউতাকৰ প্ৰতি বিদ্বেষ ভাবাপন্ন কৰি তুলিছে কাৰণ সিহঁতৰ কাৰণেই আকবৰে মহিমহঁতৰ সম্পত্তি গ্ৰাস কৰিবপৰা নাই মহিম নিজে কইনা চাই বিয়া কৰোৱাৰ মূলতো আকবৰে আগ ভাগ লোৱা কথাটোও সঁচা

সেয়ে সঁচা কথাষাৰ কোৱাত মহিম জাঙোৰ খাই উঠিল- খুড়াক দোষ নিদিবা খুড়াৰ কোনো দোষ নাই এই ক্ষেত্ৰত যি কৰিছো সেয়া মই নিজৰ মতেই কৰিছো ৷ এতিয়া আমি নিজেই সকলো বুজিবপৰা হৈছো আমাৰ কাৰণে তোমালোকে কি কৰিছা সেয়াও মই সকলো জানো এষাৰ কথা জানি থোৱা, তুমি যদি এওঁৰ কাৰণে ওকালতি কৰিবলৈ আহা, তেনেহ'লে তোমাৰো ভাত-পানী বন্ধ কৰি দিয়া হ’ব এইখন ঘৰত

নাই নাই বোপা, মোৰ কাৰণে তোৰ মাৰৰ ভাত-পানী বন্ধ কৰিব নালাগে নুৰুলে আক্ষেপৰ সুৰত ক'লে- লাগিলে ময়ে ওলাই যাম এইখন ঘৰৰপৰা এই বিশাল পৃথিবীত মূৰ গোঁজাৰ কাৰণে অকণমান ঠাই নিশ্চয় পাম

যোৱা যোৱা, কোনেনো তোমাক মানা কৰিছে মহিম নির্দয়ৰ দৰে ক'লে

ফাটমেলা বসুমতী পাতালত লুকাও’ৰ দৰে অৱস্থা হ’ল নুৰুলৰ৷ সি দীৰ্ঘ নিশ্বাস এৰি ক’লে-এৰা এৰা, দুদিনৰ বন্ধু আছিলো মই, এতিয়া সুদিনৰ বন্ধু বহুতো পাবা মইতো এতিয়া তলসৰা ফুল এতিয়া গচকিবাই মোৰ দৰে বুঢ়াৰনো এতিয়া কি দৰ্কাৰ? আজি— আজিয়ে মই ওলাই যাম এইখন ঘৰৰপৰা অ’ আজিয়ে- এই মুহূর্তে...... সেহাই সেহাই কথাকেইটা কৈ সি বহাৰপৰা উঠি থিয় হ’বলৈ গ'; কিন্তু সি থিয় হ’ব নোৱাৰিলে দুহাতেৰে বুকুত খামুচি ধৰি সি ঢলি পৰিল

(জনসাধাৰণত প্ৰকাশিত)

 

          আস্থা

কদ্দুচৰ মৃত্যু নিশ্চিত বুলি আটায়ে গম পাইছে কদ্দুচে নিজেও গম পাইছে কথাটো বহুদিনৰপৰা তাৰ পেটৰ বিষ প্রথমাৱস্থাত মাজে- সময়ে পেটটো বিষাইছিল কবিৰাজৰ সাধাৰণ জৰা-ফুকাতে ভাল পাইছিল পুৰণি হৈ অহাৰ লগে লগে কবিৰাজৰ জৰা-ফুকাই কাম নিদিয়া হ’ল ফলত সি এদিন ৰহমান ডাক্তৰৰ শৰণাপন্ন হ’ল ৰহমান অৱশ্যে পাছৰ ডাক্তৰ নহয় কিছুদিন চহৰৰ এখন ফাৰ্মাচীত আছিল তাতে সি ইনজেক্শ্বন দিবলৈ শিকিছিল দুবছৰমান পাছত ঘৰলৈ আহি সি নিজেই চিকিৎসা আৰম্ভ কৰিলে আওঁহতীয়া ঠাই হিচাপে ৰোগীসকলৰপৰা সি সঁহাৰিও পাবলৈ ধৰিলে সময়ত অঞ্চলটোত সি ভাল ডাক্তৰ হিচাপে পৰিচিত হৈ পৰিল বৰ্তমান সি অঞ্চলটোৰ সাক্ষাৎ ধন্বন্তৰি দূৰ-দূৰণিৰপৰাও চিকিৎসা কৰাবলৈ বৰ্তমান তাৰ ওচৰলৈ ৰোগী আহে

ৰহমান ডাক্তৰৰপৰা ঔষধ খাই সি ভালো পাইছিল কিন্তু সময়ত ৰহমান ডাক্তৰৰ ঔষধে কাম নিদিয়া হ’ল সেয়ে এদিন ৰহমান ডাক্তৰে নিজেই তাক পৰামৰ্শ আগবঢ়ালে- মোৰ জ্ঞানে কুলায় মানে মই ঔষধ দিছো অসুখ বৰ্তমান মোৰ আয়ত্বৰ বাহিৰত সাধাৰণ অসুখ হ'লে মই যি ঔষধ দিছো তাকে খায়ে ভাল পালেহেঁতেন কিবা জটিল ৰোগো হ'ব পাৰে পৰীক্ষা কৰিলেহে ধৰা পৰিব মোৰ ইয়াততো পৰীক্ষাৰ ব্যৱস্থা নাই গতিকে আপুনি চহৰলৈ গৈ ভাল ডাক্তৰ দেখুৱাওকগৈ৷

ৰহমান ডাক্তৰৰ পৰামৰ্শ মতেই সি চহৰৰ বিখ্যাত ডাক্তৰ এগৰীক দেখুৱালে ডাক্তৰে চাই-মেলি এমাহৰ ঔষধ লেখি দিলে কিন্তু এমাহ ঔষধ খোৱাৰ পাছতো অসুখ ভাল নহ’ল ফলত সি পুনৰ ডাক্তৰৰ ওচৰলৈ যাব লগা হ' ডাক্তৰে তেতিয়া এক্সৰেৰ কাৰণে লেখি দিলে

ডাক্তৰে এক্সৰেৰ ৰিপোৰ্ট চাই ক'লে- আপোনাৰ কেঞ্চাৰ হৈছে ঔষধ লেখি দি লাভ নাই অপাৰ্শ্বেন কৰিব লাগিব আমাৰ ইয়াতলিভাৰ কেঞ্চাৰ’ৰ অপাৰ্শ্বেনৰ ব্যৱস্থা নাই আপুনি ভেলোৰলৈ যাওঁকগৈ

ডাক্তৰৰ কথা শুনি কদ্দুচে বিব্ৰত কণ্ঠত ক’লে-ভেলোৰ! বহু টকাৰ প্ৰয়োজন হ’ব দেখোন

ডাক্তৰে মনে মনে হিচাপ কৰি ক'লে- এই ধৰক, কমপক্ষেও তিনি চাৰি লাখমান চিন্তা নাই, অপাৰ্শেন কৰালেই ভাল পাই যাব ৷ এতিয়া মই বিষ দমাই ৰখাৰ কাৰণে ঔষধ লেখি দিছো আপুনি যিমান সোনকালে পাৰে ভেলোৰলৈ যোৱাৰ ব্যৱস্থা কৰকগৈ

ডাক্তৰৰ ওচৰৰপৰা অহা প্ৰায় এমাহেই হ’ল কিন্তু টকাৰ কাৰণে ভেলোৰলৈ যোৱা সম্ভৱ হোৱা নাই মাটি এবিঘা আছে পুতেক আৰিফে সেই মাটিডাকে বিক্ৰী কৰাৰ কাৰণে লাগি আছে; কিন্তু তেনেকৈ ভাল গ্ৰাহক পোৱা নাই যি দুই চাৰিজন গ্রাহক ওলাইছে, সিহঁতে উচিত মূল্য দিব বিচৰা নাই

সেয়ে এদিন আৰিফে ক’লে- দেউতা, বর্তমান মাটি বিক্ৰী কৰিলে দুই লাখতকৈ বেছি পোৱাৰ সম্ভাৱনা নাই মানুহে আমাৰ বিপদৰ সুযোগ ল’ব বিচাৰিছে ৷ গতিকে কোনেও উচিত মূল্য দিব বিচৰা নাই কিছুদিন পাছত বিক্ৰী কৰিলে উচিত মূল্যই পোৱা গ'লহেঁতেন৷ গতিকে খুড়াৰ তালৈ এপাক গৈ চালে কেনে হয় তেওঁৰ কাৰণে তিনি চাৰি লাখ লাখ টকা যোগাৰ কৰাটো মুঠেই টান কাম নহ' আমি পাছতমাটি বিক্ৰী কৰি পৰিশোধ কৰিব পাৰিম

খুড়াক মানে ফিৰদুচ কদ্দুচহঁত দুজন ককায়েক-ভয়েক ফিদুচ কনিষ্ঠ কদ্দুচ জ্যেষ্ঠ দুয়ো একেলগে উমলি-জামলি ডাঙৰ দীঘল হৈছে সৰুতে ফিদুচ তাৰ কলিজাৰ টুকুৰাৰ দৰে আছিল ফিদুচৰ কিবা অসুখ-বিসুখ হ’লে সি বলিয়াৰ দৰে হৈ উঠিছিল এবাৰ তাৰ কাৰণেই ফিদুচ নিশ্চিত মৃত্যু মুখৰপৰা ৰক্ষা পৰিছিল

সিবাৰ সিহঁতৰ গাঁৱত কলেৰাৰ উপদ্ৰৱ হৈছিল কলেৰাৰ প্ৰকোপ ইমানেই বেছি হৈছিল যে, গাঁৱখনৰ প্ৰায় প্ৰতিখন ঘৰতে দুই এজনকৈ মানুহ মৃত্যু মুখত পৰিছিল ফলত গাঁৱৰ মানুহবোৰ আতংকিত হৈ উঠিছিল সন্ধিয়া হোৱাৰ লগে লগে আটায়ে ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিছিল

এৰাতি ফিদুচৰ শৌচ বমি আৰম্ভ হ' ঘৰখনৰ আটায়ে আতংকিত হৈ উঠিল কি কৰে, ক’লৈ যায়? ৰাতি পুওৱাৰ আগতে

চিকিৎসাৰ ব্যৱস্থা কৰাটো কোনোপধ্যে সম্ভ ৱ নহয় কাৰণ বেজ-কবিৰাজ আছে যদিও ৰাতি নাহে ইফালে ৰাতিপুৱালৈ অপেক্ষা কৰি থকাও সম্ভৱ নহয় কাৰণ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকিলে ফিদুচৰ জীৱন বিপন্ন হোৱাটো এক প্ৰকাৰ নিশ্চিত

সেয়ে ফিৰদুচৰ অৱস্থা দেখি কদ্দুচৰ অন্তৰ হাহাকাৰ কৰি উঠিল সি মনে মনে এটা বুদ্ধি পাঙিলে সি তেতিয়া নৱম মানৰ ছাত্ৰ ৷ সিহঁতৰ বিদ্যালয়ৰ কাষতে এজন হোমিওপ্যাথিক ডাক্তৰ আছিল তেওঁৰপৰা ঔষধ খাই দুই এজনে ভালো পাইছিল সেয়ে সি তেওঁৰ তালৈ যোৱাৰ কথা ভাবিলে কিন্তু সি অকলে যায় কেনেকৈ? কাৰণ ডাক্তৰৰ তালৈ যাবলৈ হ'লে এখন নিজান পথাৰ পাৰ হৈ যাব লাগে ইফালে মাক- দেউতাককো কথাটো ক'ব নোৱাৰে কাৰণ তেওঁলোকে তাক কেতিয়াও অকলে যাবলৈ নিদিয়ে সেয়ে সি ডাক্তৰৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈ মাক-দেউতাকক নোকোৱাকৈ মনে মনে ঘৰৰপৰা ওলাই আহিল

কিন্তু বাহিৰলৈ ওলায়ে তাৰ স্মৃতিপটত এটা দৃশ্য ভাহি উঠিল

তাৰ খুড়ীয়েক এজনী কেইদিনমান আগতে কলেৰাত আক্ৰান্ত হৈ ঢুকাইছে খুড়ীয়েকৰ মৃত্যুৰ পাছদিনা এটি ঘটনা ঘটিছিল সিদিনা বেলিটো মাৰ গৈছিলহে মাথোন তেতিয়াও তেনেকৈ আন্ধাৰ হোৱা নাছিল কিছু নিলগৰ বস্তুও স্পষ্টভাবে দেখা গৈছিল তথাপিও বাট- পথত জন-প্ৰাণীৰ চিহ্নমাত্র নাছিল সি নিজেও ঘৰৰ ভিতৰত সোমাই আছিল প্ৰস্ৰাৱৰ বেগ হোৱাত সি এবাৰ বাহিৰলৈ ওলাইছিল হঠাৎ

তাৰ খুড়ীয়েকৰ কবৰৰ ফালে চকু গ' খুড়ীয়েকৰ কবৰৰ চাৰিওফালে কেইটামান শিয়াল কিল্‌বিলাই থকা তাৰ চকুত পৰিল প্রায় ছয় সাতটামান শিয়াল শিয়ালবোৰে খুড়ীয়েকৰ কবৰ খান্দি আছিল তাৰ বুজিবলৈ বাকী নাথাকিল যে, খুড়ীয়েকৰ শটো কবৰৰপৰা উলিয়াই আনি খোৱাৰ কাৰণেই শিয়ালবোৰে কবৰ খান্দি আছে কাৰণ তেতিয়া তেনেকুৱা ঘটনা দুই এটা ঘটিয়ে আছিল শিয়ালবোৰে খুড়ীয়েকৰ শৱদেহ চিৰাচিৰ কৰি খাব ! কথাটো ভাবোঁতেই কদ্দুচৰ মনটো সেমেকি উঠিল সেয়ে সি যিকোনো উপায়ে শিয়ালকেইটা খেদি পঠিওৱাৰ কথা ভাবিলে ভবামতেই সি বাঁহ এডাল লৈ অকলেই শিয়াল খেদিবলৈ ওলাল কিন্তু কবৰৰপৰা কিছু আঁতৰত থাকোঁতেই ভয়ত তাৰ অন্তৰাত্মা কঁপি উঠিল সি থমকি ৰৈ গ' কিছু সময় সি মনে মনে দৃশ্যটো চাই থাকিল এনেতে হঠাৎ তাৰ খুড়াকৰ কথা মন পৰিল সি খুড়াকৰ সহায় লোৱাৰ কথা ভাবিলে সিহঁতৰ ঘৰৰ কাষতে খুড়াকহঁতৰ ঘৰ মাজত মাথোন এখন তামোলৰ বাৰী সি খুড়াকহঁতৰ ঘৰলৈ গ' খুড়াকে তেতিয়া দুৱাৰত ডাং মাৰি ল'ৰা-ছোৱালীকেইটালৈ ঘৰৰ ভিতৰত আশ্ৰয় লৈছিল

সি দুৱাৰত টুকুৰিয়াই ক'লে- খুড়া, উঠক

খুড়াই সুধিলে- কোন?

মই কদ্দুচ সোনকালে উঠি আহক ছয় সাতটামান শিয়ালে খুড়ীৰ কবৰ খান্দি আছে

সেই বুলি কি কৰিম বুলি ভাবিছা? শিয়াল খেদিব খুজিছা নেকি? খুড়াকে হুমুনিয়াহ কাঢ়ি ক’লে- খেদি লাভ নাই এতিয়া খেদিলেও পাছত আহি পুনৰ সিহঁতৰ কাম সিহঁতে কৰিবই গতিকে খেদি লাভ নহ’ব এই ৰাতিখন অকলে কিয় ওলাই আহিছা? যোৱা, শুই থাকাগৈ

অকলে শিয়াল খেদিবলৈ ভৰসা নাপাই খুড়াকৰ কথামতেই সি ঘৰলৈ আহি শুই পৰিছিল আধা ঘণ্টামানৰ ভিতৰতে শটো খাই শিয়ালকেইটা গুচি গৈছিল পাছদিনা খুড়ীয়েকৰ দেহৰ অৱশিষ্ট পুনৰ কৱৰস্থ কৰা হৈছিল

দৃশ্যটো চকুৰ আগত ভাহি উঠাৰ লগে লগে ভয়ত তাৰ গাৰ নোম ডাল ডালকৈ শিয়ঁৰি উঠিল কিন্তু ফিদুচৰ শেঁতা মুখখন চকুৰ আগত ভাহি উঠাৰ লগে তাৰ মনৰপৰা ভয়ৰ ডাৱৰ আঁতৰি গ' সি চকু মুদি মৰোঁ-জীওকৈ ডাক্তৰৰ ঘৰলৈ বুলি লৰ ধৰিলে

ডাক্তৰৰপৰা ঔষধ আনি মাকৰ হাতত দিয়াত মাক-দেউতাকে সিদিনা তাক খুব গালি পাৰিছিল যিয়ে নহওঁক, সিদিনা সেই ঔষধ খাই ফিদুচৰ শৌচ বমি বন্ধ হৈছিল

ফিৰদুচ এতিয়া ডাক্তৰ এম, বি, বি, এচ ডাক্তৰ হিচাপে তাৰ যথেষ্ট সুনামো আছে ফিৰদুচে কোৱা কথা ঠিক তাৰ কাৰণে তিনি চাৰি লাখ টকা যোগাৰ কৰাটো তেনেই সাধাৰণ কথা

সি নিজেও ডাক্তৰ হ’ব পাৰিলেহেঁতেন কিন্তু তাৰ কপাল বেয়া লেখা-পঢ়াত সি ফিদুচতকৈ বেয়া নাছিল কিন্তু মানুহে পাঙে, বিধাতাই ভাঙে ৷ মেট্ৰিকলৈ দুমাহ থাকোঁতে তাৰ জ্বৰ হ’ল সাধাৰণ জ্বৰেই শেষত গৈ টাইফয়েডৰ ৰূপ ল’লে যমে মানুহে টনা-আঁজোৰা চলিল ৷ পূৰা দুমাহ সি নৰীয়া পাটীত পৰি থাকিব লগা হ’ল ছমাহমান পাছত অসুখ ভাল হ’ল যদিও শৰীৰ দুৰ্বল লাখুঁটিত ভৰ দি ফুৰিব লগা অৱস্থা গতিকে দুৰ্বলতাৰ কাৰণে সি স্কুললৈ যাব নোৱাৰিলে দুবছৰ পাছত সি সম্পূর্ণভাবে সুস্থ হৈ উঠিল যদিও পুনৰ তাৰ স্কুললৈ যোৱা নহ' কাৰণ ফিদুচ ইতিমধ্যে পাঁচটা বিষয়ত লেটাৰ মাৰ্কলৈ মেট্ৰিক পাছ কৰি কলেজত ভৰ্ত্তি হৈছিল সীমিত আয়েৰে দেউতাকে তাৰ কলেজৰ খৰচ চলোৱাটো টান হৈ পৰিছিল গতিকে সি ফিদুচৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ ভৱিষ্যত জলাঞ্জলি দি দেউতাকৰ লগত হালৰ মুঠিত ধৰিছিল

ফিৰদুচ আই, এচ, চিত পুনৰ চাৰিটা বিষয়ত লেটাৰ মাৰ্কলৈ উত্তীৰ্ণ হ' বাচনি পৰীক্ষা দি সি ডাক্তৰীতো চিট পালে ভায়েকে ডাক্তৰীত চিট পোৱাৰ খবৰ পাই তাৰ মনত কিযে আনন্দ হৈছিল! হাতত টকা নথকতো সি ধাৰ কৰি গাঁৱৰ মানুহক মিঠৈ খুৱাইছিল

কিন্তু দুর্ভাগ্যৰ কথা যে, ফিদুচ ডাক্তৰীত চিট পোৱাৰ দুবছৰ পাছত কলেৰাত আক্ৰান্ত হৈ দেউতাক ঢুকাল ফলত সংসাৰ সকলো দায়িত্ব কদ্দুচৰ ওপৰত পৰিল অভাৱৰ সংসাৰ সেয়ে পঢ়াৰ খৰচ গোটাবলৈ সি মাজে-সময়ে কামলাও বেচিব লগা হ’ল কামলা বেচিও সি শেষ ৰক্ষা কৰিব নোৱাৰিলে শেষত দুবিঘা খেতিৰ মাটি বিক্ৰীও কৰিব লগা হ'

পাঁচ বছৰ পাছত ফিদুচ ডাক্তৰ হৈ ওলাই আহিল ফলত ঘৰখনৰ অৱস্থা দিনে দিনে স্বচ্ছল হৈ আহিল সিহঁতৰ নিজৰ মাটি বিশেষ নাছিল লোকৰ মাটি আধি-ঠিকালৈ খেতি কৰিছিল সেয়ে ফিদুচে দহ বাৰ বিঘা খেতিৰ মাটি কিনি দিলে ফিদুচ বিয়া কৰোৱাৰ আগলৈকে সকলো ঠিকে-ঠাকেই চলি আছিল সময় মতে টকা-পইচা পঠাইছিল আৰিফৰ পঢ়াৰ খৰচো ফিদুচেই বহন কৰিছিল আৰিফকো ডাক্তৰী

পঢ়োৱাৰ কথা ভাবি আছিল কিন্তু বিয়াৰ দুবছৰমান পাছত সকলো ওলট-পালট হৈ গ' ফিদুচে হঠাৎ ঘৰলৈ টকা-পইচা পঠোৱা বন্ধ কৰিলে অর্থাৎ সি বেলেগ হৈ গ' অৱশ্যে মাটি-বাৰী ভাগ-বাটোৱাৰা নকৰিলে মাটি কদ্দুচৰ তত্ত্বাৱধানতে থাকিল

চাৰিবছৰমান পাছত এদিন ফিদুচৰ ঘৈণীয়েকে আহি ক’লে- দাদা, মাটি-সম্পতিতো ইমান দিন আপুনিয়ে ভোগ-দখল কৰিলে ৷ এতিয়া আমাৰো সংসাৰ বাঢ়িল৷ গতিকে আমাৰ মাটি এতিয়া আমাক দিয়ক আমি চহৰত ঘৰ বান্ধি আছো টকাৰ প্ৰয়োজন মাটিখিনি বিক্ৰী কৰিব খুজিছো

কথাটো শুনি কদ্দুচে চকুত ধুঁৱলি-কুঁৱলি দেখিলে ক’লে সি- মাটি বিক্ৰী কৰিবা? কিন্তু মাটি বিক্ৰী কৰিলে আমি চলিম কেনেকৈ? আমিতো এইখিনি মাটিৰ ওপৰতে চলি আছো এইদৰে কৈ মনতে কিবা ভাবি ক’লৈ-বাৰু, তথাপিও বিক্ৰী কৰিব বিচাৰিছা যেতিয়া ফিৰদুচক আহিবলৈ দিয়া, মাটিখিনি আগতে ভাগ-বাটোৱাৰা কৰি লও.........

কদ্দুচে বাক্যটো শেষ কৰিব নোৱাৰিলে ভাই-বোৱাৰীয়েকে প্রতিবাদ কৰি উঠিল- ভাগ-বটোৱাৰা মানে? মই জনামতে গোটেইখিনি মাটিতো আমাৰে আপোনাৰ নামততো কোনো মাটি নাই

মোৰ নামত মাটি নাই মানে? কদ্দুচে আশ্চর্য প্রকাশ কৰি ক'লে- ফিদুচৰ নামৰ মাটিত জানো মোৰ অধিকাৰ নাই? আমি একেলগে থাকোতেইতো মাটিখিনি কিনা হৈছে

একেলগে থাকোতে কিনিলেও ভায়েকৰ নামত থকা মাটিত আপোনাৰ কোনো অধিকাৰ নাই অৱশ্যে দেউতাৰ নামত যদি মাটি আছে সেয়া দুই অংশ হ’ব ভাই-বোৱাৰীয়েকে নিৰ্দয়ৰ দৰে ক'লে

ভাই-বোৱাৰীয়েকৰ লগত তৰ্ক কৰা অনৰ্থক বুলি ভাবি সিদিনাৰ আলোচনা সিমানতে সামৰি সি এই প্ৰসংগলৈ ফিদুচৰ ওচৰলৈ গৈছিল ফিদুচেও একে যুক্তি দৰ্শোৱাত শেষত নিৰূপায় হৈ সি উভতি আহিব লগা হৈছিল ইয়াৰ কিছুদিন পাছতে ফিদুচ মাটিখিনি বিক্রী কৰি চহৰত ঘৰ বান্ধিছিল এই ঘটনাৰ পাছত ককায়েক-ভায়েকৰ মাজত বহুদিনলৈ মাতবোল বন্ধ হৈ আছিল অৱশ্যে দুবছৰমান পাছত কদ্দুচ নিজে গৈ সেই মনোমালিন্যৰ ওৰ পেলাই আহিছে তথাপিও মাটিৰ ভঙা কলহ যোৰা নলগাৰ দৰে আগৰ সেই সৌহৃদ্য সম্পৰ্ণৰূপে ঘূৰি অহা নাই অৱশ্যে এইটো ঠিক যে সিহঁতৰ মাজত কোনো ধৰণৰ শত্ৰুতাও বৰ্তমান নাই

দেউতাকক মনে মনে থকা দেখি আৰিফে ক’লে- দেউতা কি কয়, যাম নেকি? যাগৈ কিন্তু টকা-পইচাৰ কথা নক’বি দৰাচলতে তাক চাবলৈ মনটো বৰ ব্যাকুল হৈ আছে মাথোন তাক আহিবলৈ ক’বি সি আহিলে যি ক’ব লাগে ময়ে ক’ম বাৰু

দেউতাকৰপৰা অনুমতি পাই আৰিফ খুড়াকহঁতৰ ঘৰলৈ আহিল খুড়াক বাৰাণ্ডাত বহি বাতৰি কাকত পঢ়ি আছিল আৰিফক দেখি

খুড়াকে বাতৰি কাককতখন সামৰি থৈ ক'লে- অ’ আৰিফ নেকি? আহা, বহাহি ঘৰৰ খা-খবৰ কোৱা

আৰিফে হুমুনিয়াহ কাঢ়ি ক’লে- ঘৰৰ খা-খবৰ মুঠেই ভাল নহয়, খুড়া দেউতাৰ অসুখ

অসুখ! চিকিৎসা পাতি কৰাইছ নে নাই?

কৰাইছো কিন্তু ভাল পোৱা নাই শেষবাৰ এক্সৰে কৰোঁতে কেঞ্চাৰ ধৰা পৰিছে লিভাৰ কেঞ্চাৰ ডাক্তৰে ভেলোৰলৈ নিয়াৰ বাবে পৰামৰ্শ দিছে

ভেলোৰৰ কথা শুনি খুড়াক উচাপ্ খাই উঠিল-ভেলোৰ! বহু টকাৰ দৰ্কাৰ হ’ব দেখোন?

সেই কাৰণেতো আপোনাক মাতি পঠাইছে

মোৰতো এইকেইদিন ক’লৈকো যোৱাৰ সুবিধা নাই জুৱেলৰ ৰেজাল্ট ভাল নোহোৱাত ইয়াত ডাক্তৰীত চিট নাপালে সেয়ে ৰাছিয়ালৈ পঠোৱাৰ সিদ্ধান্ত লৈছো ইতিমধ্যে সকলো ব্যৱস্থা হৈ গৈছে প্রায় সাতাইছ আঠাইছ লাখ টকাৰ প্ৰয়োজন সেই টকাৰ কাৰণে লাগি আছো গতিকে মই জুৱেলক ৰাছিয়ালৈ পঠাই অৰ্থাৎ পোন্ধৰ দিনমান পাছতহে যাব পাৰিম

খুড়াকৰ কথা শুনি আৰিফে ক’লে- দেউতাৰ যি অৱস্থা পোন্ধৰ দিনতো দূৰৰে কথা, দুই এদিন বাচে নে নাবাচে তাতো সন্দেহ

এনেতে খুড়ীয়েক বাৰাণ্ডালৈ ওলাই আহিল তাই খুড়াক-ভতিজাকৰ কথা-বতৰা ভিতৰৰপৰাই শুনি আছিল তাই আহিয়ে ক’লে- এতিয়া খুড়ায়েৰাৰ যোৱাটো কোনোপধ্যেই সম্ভৱ নহ’ব তোমালোকেই কিবা এটা কৰাগৈ

খুড়া, আপুনি.…....আৰিফে সেমেনা-সেমেনি কৰিবলৈ ধৰিলে

মোৰ সমস্যাৰ কথাতো তোমাক আগতেই কৈছো বর্তমান কোনোপধ্যেই যাব নোৱাৰিম এইদৰে কৈ খুড়াকে গড্‌জেৰপৰা টেবলেট কেইটামান উলিয়াই আৰিফলৈ আগবঢ়াই ক'লে লোৱা, এই টেবলেটকেইটা লৈ যোৱাগৈ খালে কষ্ট অলপ কমিব

অনিচ্ছাসত্ত্বেও আৰিফে টেবলেটকেইটা হাতত ল'লে

খুড়াকে পুনৰ ক'লে- যোৱা, দেউতাৰাৰ অসুখ যেতিয়া তোমাক থাকিবলৈ নকওঁ এইদৰে কৈ ঘৈণীয়েকক উদ্দেশ্য কৰি ক'লে- আৰিফক চাহ একাপ নিদিয়া নেকি?

নাই নাই, চাহৰ দৰ্কাৰ নাই ঘৰৰপৰা গৰম ভাত খায়ে আহিছো চাহ খোৱাৰ তেনেকৈ অভ্যাসো নাই গতিকে নালাগে পলম হ’লে বাচ পোৱাও অসুবিধা হ’ব এইদৰে কৈ আৰিফ বাৰাণ্ডাৰপৰা নামিল

খুড়াকে পাছফালৰপৰা মাতি ক’লে- মাজে-সময়ে খা-খবৰ দি থাকিবা

আৰিফে খুড়াকৰ কথা শুনিলে যদিও কোনো সঁহাৰি নিদিলে

আৰিফ যেতিয়া বাছত উঠি বহিল ঠিক তেতিয়াই কদ্দুচে ঘৈণীয়েকক মাতি ক’লে- হেৰা, আৰিফ আহিল নে নাই

ঘৈণীয়েকে পদূলিমুখলৈ চাই ক'লে- নাই অহা দেখোন

পলম হ’বই কদ্দুচে গভীৰ আস্থাৰে ক'লে- ফিৰদুচও নিশ্চয় তাৰ লগত আহি আছে মোৰ অসুখৰ কথা শুনি সি কেনেকৈ নহাকৈ থাকিব? কাৰণ তাৰ দেহত যি তেজৰধাৰা বৈছে, মোৰ দেহতো সেই একেই তেজৰধাৰা বৈ আছে

কদ্দুচে বাগৰ সলাই পদূলিৰ ফালে মুখ কৰি শুলে

দূৰত কাউৰী এটাই কৰুণ সুৰত চিঞৰি উঠিল- কা-কা-কা.…..…....

(জনসাধাৰণত প্ৰকাশিত)

 

                  অনুশোচনা

তছলিমে স্থানীয় বজাৰৰ পৰা এক কিলো চিতল মাছ আনি ঘৈণীয়েকৰ ফালে আগবঢ়াই ক’লে- ভালকৈ ৰান্ধিাবা সস্তাত পালো কাৰণে অলপ সৰকৈয়ে লৈ আহিলো মাছটো খুবেই ডাঙৰ আছিল বাৰ কিলো সচৰাচৰ এনেকুৱা ডাঙৰ চিতল দেখাই নাযায় মইতো প্রথমবাৰ দেখিলো এনেকুৱা ডাঙৰ চিতল তছলিমে হাতেৰে মাছটোৰ আকৃতি-প্রকৃতি দেখুৱাই ক'লে-ইমান ডাঙৰ, ইমান বহল দেখাত একেবাৰে দুৱাৰৰ নিচিনা আছিল বেৰ জালেৰে ধৰিছে নদীৰপৰা অলপ আগতে ধৰি আনিছে হেনো বজাৰতে কাটিছিল ডাঙৰ মাছ কাৰণে মহলদাৰেও সৌজন্যতাবশতঃ খাজনা লোৱা নাই গতিকে দামো অলপ কমে পৰিছে হুঁ, লোৱা

ঘৈণীয়েক আৰিফাই পাকঘৰৰ দুৱাৰ মুখত থিয় দি তছলিমৰ কথাবোৰ উৎসাহেৰে শুনি আছিল তাই পলিথিনৰ মোনাত ভৰাই মাছৰ টোপোলাটো তছলিমৰ হাতৰপৰা নিজৰ হাতলৈ আনি মাছৰ টুকুৰাবোৰ লিৰিকি-বিদাৰি ক'লে- পিচবোৰ সৰুকৈ কাটিম, নে ডাঙৰকৈ কাটিম?

তছলিমে ভ্রূযোৰ কোঁচাই ক’লে- ডাঙৰকৈয়ে কাটিবা।। ডাঙৰকৈ কাটিলেও দুই তিনি চকলকৈ ভাগত পৰিব দিয়াচোন মা-দেউতাৰ সৈতে মাথোন পাঁচজনহে মানুহ এইদৰে পৰামৰ্শৰ সুৰত কথাকেইটা কৈ সি ব্যস্তভাবে ক’লৈ- টকা নিয়া নাছিলো কাৰণে মাছৰ দাম দিবপৰা নাই ধাৰে আনিছো মাছৰ দাম দিবলৈ আকৌ বজাৰলৈ যাব লাগিব মোৰ আহোঁতে অলপ পলম হ'ব পাৰে ভালদৰে ৰান্ধিবা পাৰিলে জ্বলা অলপ সৰহকৈয়ে দিবা তৈলাক্ত মাছ, জ্বালা অলপ বেছি হ’লে খাই ভাল লাগিব৷

আৰিফাইবাৰু’ বুলি শলাগি পাকঘৰৰ ভিতৰৰ পৰা বটিখন আনি মাছ বাচিবলৈ লাগি গ'ল আৰু তছলিমে আলমাৰিৰপৰা টকা উলিয়াই বজাৰলৈ বুলি ওলাই গ'

বজাৰৰ পৰা আহি গা-পা ধুই তছলিমে ভাত খাবলৈ বহিল আৰিফাই আলু ভাজিৰে ভাত আনি দিলে তছলিমে দুই গৰাহতে আলু ভাজি শেষ কৰি ক'লে- হে’ৰা, আঞ্জা দিয়া

আৰিফাই পুনৰ আলু ভাজি আনি দিলে

তছলিমে ক’লে- আকৌ দেখোন আলু ভাজিকে দিলা! মাছৰ আঞ্জা ৰন্ধা নাই নেকি?

আৰিফাই সেমেনা-সেমেনি কৰি ক'লে- খং নকৰিব আলু ভাজিৰেই খাব লাগিব আঞ্জা নাই, মেকুৰীয়ে খালে

মেকুৰীয়ে খালে? মানে.…... তছলিমে সাপ দেখা মানুহৰ দৰে চক্ খাই উঠি ক’লে

আৰিফাই কৈফিয়তৰ সুৰত ক'লে- জুশালৰপৰা আঞ্জা নমাই থৈ বেলেগ কামৰ কাৰণে ওলাই গৈছিলো কাম শেষ কৰি আহি দেখো মেকুৰীয়ে আঞ্জা খাই আছে

আঞ্জা কি কৰিলা?

কিনো আৰু কৰিম ! পেলাই দিলো মেকুৰীয়ে খোৱা আঞ্জা খাব পাৰি জানো ?

মাথোন আজিয়ে নহয়, মেকুৰীটোৱে মাজে-সময়েই এনেকৈ চুৰ কৰি আঞ্জা খায় কিন্তু তছলিমে এই বিষয়ে বিশেষ গুৰুত্ব নিদিয়ে কাৰণ মেকুৰীটো তাৰ বৰ মৰমৰ আৰিফাই মেকুৰীটো বিৰুদ্ধে অভিযোগ কৰিলেও ওলোটাই আৰিফাকহে দোষাৰোপ কৰে- আৰে, অবুজ প্রাণী! ভালকৈ ঢাকি নথ’লে সি খাবই মেকুৰীটোৰ দোষ নহয়- দোষ তোমাৰহে আজি কিন্তু সি আৰিফাক দোষাৰোপ নকৰিলে অতি হেঁপাহেৰে অনা মাছ খোৱাৰ পৰা বঞ্চিত হোৱাত তাৰ মেকুৰীটোৰ প্ৰতি ভীষণ খং উঠিল কিন্তু সি খঙৰ বহিঃপ্রকাশ নকৰিলে৷ সি স্থানীয় হাইস্কুলৰ শিক্ষক ৰাতি ভাতসাজ খোৱাৰ সময়ত মেকুৰীটোক এসেকা দিয়াৰ সিদ্ধান্ত লৈ মনৰ খং মনতে সামৰি আলুভাজিৰে ভাত খাই সি স্কুললৈ বুলি ওলাই গ'

ৰাতি ভাত খাবলৈ বহাৰ আগতে তছলিমে বাঁহৰ এছাৰি এডাল আনি বেৰৰ লগত আঁউজাই থ’লে ৷ ভাত খাবলৈ বহাৰ সময়ত সি প্লাষ্টিকৰ ৰচীত ফাঁচ তৈয়াৰ কৰি নিজৰ ওচৰত লৈ বহিল ভাত খাবলৈ বহি সি আনদিনাৰ দৰেচোঁ চোঁ’ বুলি মাতি মেকুৰীটোক ভাত খাবলৈ দিলে আনদিনাৰ দৰে মেকুৰীটো আহি ভাত খাবলৈ ধৰিলে তছলিমে চকু কেঁৰা কৰি মেকুৰীটোৰ আলেখ-লেখ চাই থাকিল মেকুৰীটো যেতিয়া নিশ্চিন্ত মনে ভাত খোৱাত ব্যস্ত হৈ পৰিলতেতিয়া তছলিমে প্লাষ্টিকৰ ফাঁচটো মেকুৰীটোৰ ডিঙিত লগাবলৈ চেষ্টা চলালে কিন্তু সি ব্যর্থ হ’ল- মেকুৰীটোৱে তাৰ হাতত খামোচ মাৰি দৌৰি আঁতৰি গ'ল৷ মেকুৰীটোৱে খামোচ মৰাৰ ফলত তছলিমে হাতত দুখ পালে যদিও উস্ আস্ একো নকৰিলে সি ধৈর্য ধৰি থাকিল একোৱে যেন হোৱা নাই এনেকুৱা এটি ভাবত সি পুনৰ ভাত খাবলৈ ধৰিলে কিছু সময় পাছত চুচুক-চামাককৈ আহি মেকুৰীটোৱে পুনৰ ভাত খাবলৈ ধৰিলে তছলিমে মেকুৰীটোৰ ফালে কেৰাহীকৈ চালে মেকুৰীটো ভাত খোৱাত ব্যস্ত তছলিমে সন্তর্পণে পুনৰ মেকুৰীটোৰ ডিঙিত ফাঁচ লগাবলৈ চেষ্টা চলালে; কিন্তু এইবাৰো সি ব্যৰ্থ হ’ল আগৰবাৰৰ দৰে হাতত খামোচ মাৰি মেকুৰীটো আঁতৰি গ'

আৰিফাই ইমান সময় তছলিমৰ কাণ্ড-কাৰখানা চাই আছিল যদিও একো কোৱা নাছিল এইবাৰ তাই সুধিলে- কি কৰিব খুজিছে?

ফাঁচ লগাব খুজিছো তছলিমে নির্বিকাৰভাবে ক’লে- আজি তাক মাছ খোৱাৰ মজাম দেখুৱাম দুই এটা প্ৰহাৰে নহ’ব, ভালকৈয়ে এসেকা দিব লাগিব

মেকুৰীটোক মাৰিলে কি হ’ব? মাছ জানো ঘূৰাই পাব? আৰিফাই উপদেশৰ সুৰত প্ৰশ্নটো সুধিলে

মাছ ঘূৰাই নাপলেও তাৰ শিক্ষাতো হ’ব! এইবাৰ তছলিমে খঙেৰে সৈতে কথাকেইটা কৈ হঠাৎ মনত পৰাৰ দৰে ক'লে- বস্তা এখন আনাচোন

বস্তাৰে আকৌ কি কৰিব?

বস্তা নহ'লে তাক ধৰিব পৰা নাযাব বস্তাৰে হেঁচি ধৰি ডিঙিত ফাঁচ লগাব লাগিব

অনিচ্ছাসত্ত্বেও আৰিফাই বস্তা এখন আনি দিলে মেকুৰীটো পুনৰ ভাত খাবলৈ আহিল ভাতত মুখ দিয়াৰ লগে লগে তছলিমে বস্তাখনেৰে মেকুৰীটোক হেঁচি ধৰি ডিঙিত ফাঁচ লগালে ফাঁচ লগোৱাৰ পাছত বক্তাখন আঁতৰাই দিয়াৰ লগে লগে মেকুৰীটো দৌৰি চোতাললৈ ওলাই গ’ল তছলিমে ৰচীৰ আনটো মূৰত ধৰি এছাৰিডাল লৈ মেকুৰীৰটোৰ পিছে পিছে বাহিৰলৈ ওলাই আহিল বাহিৰলৈ ওলোৱাৰ পাছত মেকুৰীটোক টানি কাষ চপাই আনি সি মেকুৰীটোৰ মুখত এছাৰিৰে দুটামান পূর্ণহতীয়া কোব শোধাই ৰচী ঢিলা দিলে ৰচী ঢিলা পাই মেকুৰীটো জাঁপ মাৰি আঁতৰি গ' খন্তেক পাছতে সি মেকুৰীটোক টানি কাষ চপাই আনি পুনৰ কেইকোবমান শোধাই পুনৰ ৰচী ঢিলা দিলে আগৰবাৰৰ দৰে এইবাৰো মেকুৰীটো জাঁপ মাৰি আঁতৰি গ'

পৰিয়ালৰ আটাইবিলাক সদস্যই তছলিমৰ বলিয়ালি প্রত্যক্ষ কৰি আছিল মাকে মাজতে ক’লে- এৰি দে আৰু নামাৰিবি মৰি যাব নিৰীহ প্রাণী ইয়াক মাৰিলে জানো মাছ ঘূৰাই পাবি? এৰি দে মেকুৰী মাৰিলে বাৰ বছৰৰ দুঃখ হয়

হয় যদি হ’ব, তথাপি ইয়াক আজি মাছ চুৰ কৰি খোৱাৰ মজা দিহে এৰিম এইদৰে কৈয়ে তছলিমে মেকুৰীটোক টানি কাষ চপাই আনি পুনৰ কেইটামান কোব শোধালে এইবাৰ মেকুৰীটোৱে জাঁপ মাৰিব নোৱােিল লেউ-সেউ হৈ সি মাটিত ঢলি পৰিল মৃতপ্রায় মেকুৰীটোক তছলিমে পুনৰ কোবাবলৈ উদ্যত হ’ল এইবাৰ আৰিফাই ধৈর্য ধৰি থাকিব নোৱাৰিলে তাই তছলিমৰ হাতৰপৰা এচাৰিডাল কাঢ়ি নি ক’লে-

আপুনি বলিয়া হৈছে নেকি? নিৰীহ প্রাণী! মানুহে শুনিলে কি বুলি ক’ব?

তছলিম নিজেও ইতিমধ্যে ভাগৰি পৰিছিল সেয়ে আৰিফাই তাৰ হাতৰ পৰা এছাৰিডাল কাঢ়ি নিয়াত সি বিশেষ আপত্তি নকৰিলে

মৃতপ্রায় মেকুৰী আৰু পৰিয়ালৰ সদস্যসকলৰ ফালে অপৰাধীৰ দৰে এবাৰ দৃষ্টি নিক্ষেপ কৰিয়ে সি ঘৰৰ ভিতৰলৈ সোমাই গ'ল৷ আৰিফাই লেম এটা আনি মেকুৰীটোৰ কাষত থ’লে মেকুৰীটোৰ মুখমণ্ডল তেজেৰে লুতুৰি-পুতুৰি কোনোমতেহে উশাহ-নিশাহ লৈ আছিল

আস্! মুখখন কেনেকৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছে! এইদৰে দুখ প্ৰকাশ কৰি আৰিফাই ডিঙিৰপৰা ৰচীডাল খুলি পুতেক ৰুবুলক উদ্দেশ্য কৰি ক’লে- ৰুবুল, যা’চোন এগিলাচ পানী লৈ আহগৈ, মুখখন ধোৱাই দিওঁ

ৰুবুলে এবাল্টি পানী আনি মাকৰ কাষত থ’লে আৰিফাই আলফুলে মুখখন ধুৱাই দি মূৰতো কিছু পানী ঢালিলে কিছু সময় পাছত মেকুৰীটো কিছু সুস্থ হ' সি থিয় হ'বলৈ চেষ্টা চলালে; কিন্তু ব্যর্থ হ’ল থিয় হ'ব নোৱাৰিলে কেইবাৰমান চেষ্টাৰ পাছত মেকুৰীটো কোনোমতে থিয় হ’বলৈ সক্ষম হ’ল আৰু ঢলং-ঢপংকৈ সি কেই খোজমান আগুৱাই গ' কিন্তু বেছি দূৰ যাব নোৱাৰিলে কেইখোজমান যোৱাৰ পাছতে সি ঢলি পৰিল এইদৰে কেইবাবাৰো চেষ্টা চলোৱাৰ পাছত সি চোতালৰ পৰা আঁতৰি যাবলৈ সক্ষম হ’ল

পাছদিনা সন্ধিয়া ৰুবুলে ক’লে- দেউতা, মেকুৰীটো মৰা নাই, এৰাবাৰীত তেঁতেলীজোপাৰ তলত শুই আছে লৰচৰ কবি নোৱাৰে লেউ-সেউ হৈ পৰি আছে মই ভাত নি দিছিলো, কিন্তু খাব নোৱাৰিলে

তছলিমে উস্ আস্ বা কোনো ধৰণৰ মন্তব্য নকৰিলে সি টৰ্চলাইটটো লৈ বজাৰলৈ বুলি ওলাই গ' ফাৰ্মাচীৰপৰা মলম আৰু টিংচাৰ আয়ো-ডিন কিনি লৈ সি এৰাবাৰলৈ আহিল টৰ্চ মাৰি মাৰি সি মেকুৰীটোক বিচাৰি তেঁতেলীজোপাৰ তললৈ আহিল ৰুবুলে কোৱা ধৰণে মেকুৰীটোক তেঁতেলীজোপাৰ তলত মৰাৰ দৰে পৰি থকা দেখিলে মেকুৰীটোৰ কাষলৈ আহি সি আয়ো-ডিনৰ বটল খুলি মেকুৰীটোৰ মুখমণ্ডলত আয়ো-ডিন ঢালি দিলে কিন্তু মেকুৰীটোৱে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ৷ অৰ্থাৎ মেকুৰীটোৰ গাত তত নাই মৰাৰ দৰে পৰি আছে আৰু কোনোমতেহে উশাহ-নিশাহ লৈ আছে তছলিমে টৰ্চ মাৰি মেকুৰীটোৰ মুখখন চালে তাৰ ওপৰৰ পাৰিৰ তিনিটা দাঁত নাই মুখমণ্ডলত শুকান তেজৰ ঢেঁকুৰা লাগি আছে পকেটৰ পৰা ৰুমাল উলিয়াই তছলিমে আলফুলে তেজৰ ঢেঁকুৰাবোৰ গুচাবলৈ ধৰিলে এইবাৰ মেকুৰীটোৰ গাত যেন চেতনা আহিল সি মুখখন আঁতৰাই নিবলৈ চেষ্টা চলালে; কিন্তু বৃথা চেষ্টা- সি মুখখন আঁতৰাই নিব নোৱাৰিলে তছলিমৰ চেষ্টাত মুখখন লাহে লাহে পৰিষ্কাৰ হৈ গ' তছলিমে আলফুলে মেকুৰীটোৰ মুখত মলম লগাই দিলে

মেকুৰীটোৰ অৱস্থা দেখি তছলিমৰ অনুশোচনা হ’বলৈ ধৰিলে সাধাৰণ মাছৰ বাবে নিৰীহ প্রাণী এটাক এইদৰে মৰিয়াই মাৰাৰ কাৰণে তাৰ নিজৰ ওপৰত ধিক্কাৰ উপজিল মেকুৰীটো তাৰ খুবেই ভক্ত আছিল তাৰ হাতৰ ভাতমুঠি নাপালে যেন মেকুৰীটোৰ পেটেই নভৰিছিল সি খাবলৈ বহাৰ লগে লগে মেকুৰীটো য’তেই নাথকক কিয়, ত’ৰে পৰাই আহি তাৰ কাষত বহিমেউ মেউ’ কৰিবলৈ আৰম্ভ কৰিছিল ভাতমুঠি দিলেহেমেউ মেউ’ বন্ধ হৈছিল ভাত দিলে ভাত খাই তছলিমৰ ভাত খোৱা নোহোৱালৈকে মেকুৰীটো তাৰ কাষত বহি থাকিছিল এইবোৰ কথা মনত পৰাৰ লগে লগে তছলিমৰ মনটো অধিক ভাৰাক্ৰান্ত হৈ পৰিল৷

তছলিম ঘৰলৈ আহি আৰিফাক মেকুৰীটোৰ অৱস্থাৰ কথা ভাঙি-পাতি ক’লে

মেকুৰীটোক আপুনি ক’ত লগ পালে?

এৰাবাৰীত তেঁতেলী গছজোপাৰ তলত মৰাৰ দৰে পৰি আছে

এৰাবাৰীৰ কথা শুনি আৰিফা সৰ্পদৃষ্ট মানুহৰ দৰে চক্ খাই উঠি ক’লে- এৰাবাৰীলৈ গৈছিল নেকি এই ৰাতিখন? আপুনি ছালমাৰ কথা পাহৰিলে নেকি?

আৰিফাৰ প্ৰশ্নত তছলিমৰ গাৰ নোম ডাল ডাল হৈ শিয়ৰি উঠিল ছালমা তাৰ জেঠাকৰ ছোৱালী মেকুৰীটো পৰি থকা তেঁতেলীজোপাতে তাই দুমাহমান আগত চিপজৰীলৈ আত্মহত্যা কৰিছে তাই প্ৰেমত পৰিছিল সিহঁতৰ গাঁৱৰে লতিফৰ লগত বিয়াৰ প্রলোভনেৰে লতিফে তাইক মাতৃত্বৰ বোজা জাপি দি পলাই যোৱাত তাই সেই তেঁতেলীজোপাতে চিপলৈ আত্মহত্যা কৰিছে তাই আত্মহত্যা কৰাৰ পাছৰে পৰা ৰাতিতো তালৈ মানুহ যোৱাটো দূৰৰে কথা দিনৰ ভাগতো বহুতে এৰাবাৰীখনলৈ যাবলৈ ভয় কৰে

তছলিমক মনে মনে থকা দেখি আৰিফাই পুনৰ সুধিলে- এৰাবাৰীখনলৈ যাবলৈ আপোনাক কিহে পাইছিল?

তছলিমে অপৰাধীৰ দৰে ক'লে- মেকুৰীটোৰ কথা ভাবি মই সকলো পাহৰিছিলো

সিদিনা মেকুৰীটোক নামাৰিবলৈ দঢ়াই দঢ়াই অনুৰোধ কৰিলো; কিন্তু আপুনি নামানিলে! এতিয়া মেকুৰীটোৰ চিন্তাত ভয়-ডৰো নোহোৱা হ'ল নেকি আপোনাৰ? ছালমাৰ কথা বাদেই দিলো, সাপৰ ভয়তো কম নহয় যদি সাপে খুঁটিলহেঁতেন! সিদিনা মই ইমান ডাঙৰ ফেটী এডাল তেঁতেলীজোপাৰ তলতে কুণ্ডলী পকাই শুই থকা দেখিছিলো

সাপৰ কথা শুনি তছলিমৰ গাটো পুনৰ জিকাৰ খাই উঠিল সাপলৈ তছলিমৰ বৰ ভয় সাপৰ ভয়তে সি পৰাপক্ষত এৰাবাৰীলৈ নাযায় ছালমাৰ আত্মহত্যাৰ পাছত সি আজিৰ দিনটোৰ বাহিৰে এবাৰো এৰাবাৰীখনলৈ যোৱা নাই সঁচাকৈয়েতো আজি এৰাবাৰীখনলৈ যাবলৈ বাৰু কিহে পাইছিল তাক ! এয়া কিহৰ আকৰ্ষণ? মেকুৰী এটা সাধাৰণ প্ৰাণী- মেকুৰীটো মৰিলে তাৰ একো লাভ-লোকচান নহয় তেনেহ'লে এই ৰাতিখন সি কিয় এৰাবাৰীখনলৈ গৈছিল? জন্মিলে মৃত্যু অৱধাৰিত এয়া নিয়তিৰ অমোঘ বিধান কিন্তু মেকুৰীটোৰ মৃত্যুৰ কাৰণ যে সি নিজে, এই অপৰাধবোধেই তাক এৰাবাৰীখনলৈ যাবলৈ উৎসাহিত কৰিছিল নেকি বাৰু? এইদৰে মনতে ভাবি সি ভাত-পানী খাই বেজাৰ মনেৰে শুই পৰিল

সিদিনা ৰাতি তছলিমৰ টোপনি নহ’ল মেকুৰীটোৰ কথা ভাবি ভাবি সি উজগৰি নিশা পাৰ কৰিলে ৰাতিপুৱা বিছনা এৰিয়ে সি এৰাবাৰীখনলৈ আহিল মেকুৰীটো আগৰ দৰেই তেঁতেলীজোপাৰ তলত নিথৰ হৈ পৰি আছিল ভোকত তাৰ পেট ধৰফৰাই আছিল তছলিম ঘৰলৈ আহি বস্তা এখন লৈ মেকুৰীটোক বস্তাৰ মাজত তুলি ঘৰলৈ লৈ আহিল৷ সি মেকুৰীটো গোহালি ঘৰত নমাই থৈ আৰিফাক মাতি ক’লে-হে’ৰা, চাহ বনাবলৈ থোৱা বাহী গাখীৰ অকনমান দিয়াচোন

আৰিফাই এবাটি গাখীৰ আৰু এটা চামুচ আনি দিলে তছলিমে চামুচেৰে মেকুৰীটোৰ মুখত অলপ অলপ কৈ গাখীৰ দিবলৈ ধৰিলে

মেকুৰীটোৱে চকুমুদিয়ে গাখীৰ খাই গ' কিছু গাখীৰ মেকুৰীটোৰ কোৱাৰিৰে বাগৰিও পৰিল তছলিমে যত্নসহকাৰে গাখীৰ খোৱাই ফটা কাপোৰেৰে মুখখন মচি মলম লগাই দি বজাৰলৈ বুলি ওলাই আহিল

বজাৰলৈ আহি সি ডাক্তৰৰ লগত পৰামৰ্শ কৰি দুটামান টেবলেট আনি গুড়ি কৰি পানীৰ লগত মিহলাই মেকুৰীটোক খোৱাই দিলে তাৰ পাছত সি নিজে ভাত-পানী খাই স্কুললৈ বুলি ওলাই আহিল মেকুৰীটোৰ চিন্তাত সি সিদিনা ক্লাছত ভালদৰে মন বহুৱাব নোৱাৰিলে স্কুল ছুটী হোৱাৰ লগে লগে সি ঘৰলৈ আহি কাপোৰ-কানি নসলোৱাকৈয়ে পোনে পোনে মেকুৰীটোৰ ওচৰলৈ আহিল ৰুবুল মেকুৰীটোৰ কাষত বহি আছিল তছলিমক দেখি সি ক'লে- দেউতা, মেকুৰীটোৱে কেনেকৈ শেহাই আছে, চোৱাচোন উশাহ-নিশাহ লোৱাত কষ্ট পাইছে, নহয়নে দেউতা?

ৰুবুলৰ কথাই ঠিক মেকুৰীটোৰ উশাহ-নিশাহ লোৱাত বৰ কষ্ট হৈ আছিল কণ্ঠৰপৰা গৰ গৰকৈ এক প্ৰকাৰৰ শব্দও ওলাই আছিল এয়া যে ভাল লক্ষণ নহয় সেয়া তছলিমৰ বুজিবলৈ পলম নহ' তাৰ আইতাকৰ মৃত্যুৰ সময়তো এনেকৈ গৰ গৰকৈ শব্দ হৈছিল তেতিয়া তছলিম সৰু আছিল আইতাকৰ কষ্ট দেখি সি ঔষধ খোৱাব খুজিছিল তেতিয়া দেউতাকে বাধা দি কৈছিল- ঔষধ খোৱাব নালাগে মুখত পানী দিয়া মৃত্যু যন্ত্রণা আৰম্ভ হৈছে কিছুসময় পাছতে সকলো শেষ হৈ যাব সঁচাকৈয়ে দেউতাকে কোৱামতেই কিছুসময় পাছতেই আইতাকৰ মৃত্যু হৈছিল তেতিয়াৰ পৰাই কাৰোবাৰ কণ্ঠৰপৰা গৰ গৰ শব্দ ওলালেই তছলিমৰ আইতাকৰ কথা মনত পৰে আৰু মৃত্যু আসন্ন বুলি বুজিব পাৰে সেয়ে তছলিমে ঔষধৰ পৰিৱৰ্ত্তে পানী আনি মেকুৰীটোৰ মুখত দিলে কিন্তু মেকুৰীটোৱে পানী গিলিব নোৱাৰিলে কোৱাৰিৰে বাগৰি পৰিল গৰ গৰ শব্দৰ মাত্ৰা বাঢ়ি গৈ থাকিল তছলিমৰ বুজিবলৈ অসুবিধা নহ'ল যে মেকুৰীটোৰ মৃত্যু আসন্ন দিনৰ পোহৰ আঁতৰাই এন্ধাৰ নামি অহাৰ দৰে মেকুৰীটোৰ জীৱনলৈও এন্ধাৰ নামি আহিবলৈ বৰ বেছি দেৰি নাই

যিজেন সৃষ্টি কৰে তেঁৱে দেৱতা আৰু যিজনে ধ্বংস কৰে সিয়ে অসুৰ সি আসুৰিক কামে কৰিছে জীৱশ্ৰেষ্ঠ মানুহ হৈ দুচকল মাছৰ কাৰণে সি অসুৰৰ দৰে মেকুৰীটোক মৰিয়াই মাৰিলে এইদৰে অনুশোচনাত তছলিমৰ মন দগ্ধ হ’বলৈ ধৰিলে

এটা সময়ত মেকুৰীটোৱে আগভৰিৰে মাটিত খামোচ মাৰি আগবাঢ়িবলৈ যাবলৈ চেষ্টা চলালে কিন্তু সি বিফল হ’ল মাথোন অকনমান দীঘলহে হ’ল সি কে’বাবাৰো চেষ্টাৰ পাছত মেকুৰীটো নিস্তেজ হৈ পৰিল অর্থাৎ তাৰ প্ৰাণ পখী উৰি গ' মাটিৰ বুকুত ৰৈ গ'ল মাথোন তাৰ ভৰিৰ আঁচোৰ আৰু তছলিমৰ হিংস্ৰতাৰ চিহ্ন তছলিমে বুকুত খামুচি ধৰি অনুশোচনাত দগ্ধ মনলৈ বাহিৰলৈ ওলাই আহিল

(এদিনৰ সংবাদত প্ৰকাশিত)

 

            মুক্তি

আকাশত মেঘ জমিছে ঘন ক’লা মেঘ মেঘে লাহে লাহে সমগ্র আকাশ ছানি ধৰিলে ফৰিদা ইয়াছমিন বাৰাণ্ডাত বহি মেঘৰ আলেখ- লেখ প্রত্যক্ষ কৰি আছেল এই মেঘৰ লগত তাইৰ যেন বহুকালৰ নিবিড় সম্পর্ক কাৰণ তাইৰ হৃদয়তো বহুকালৰপৰা এই মেঘৰ দৰে বিদ্ৰোহৰ ঘন ক’লা মেঘ জমি আছে কিন্তু আজিলৈকে কোনেও তাইৰ হৃদয়ত জমি থকা এই মেঘৰ সম্ভেদ পোৱা নাই এনেকি যাৰ লগত তাই সুদীৰ্ঘ সাতাইছ বছৰ ধৰি ঘৰ-সংসাৰ কৰি আছে, একেখন বিছনাত নিশা যাপন কৰিছে, তেৱোঁ এই মেঘৰ সম্ভেদ পোৱা নাই অৰ্থাৎ তাই পাবলৈ দিয়া নাই হৃদয়তে গোপনে লুকাই ৰাখিছে বিদ্ৰোহৰ সেই ঘন ক’লা মেঘ

সাধাৰণ কৃষকৰ ছোৱালী ফৰিদা কিন্তু খুবেই ৰূপৱতী আছিল তাই তাইৰ ৰূপৰ খ্যাতি সিহঁতৰ অঞ্চটোত ৰৈ বৈ যোৱা ধৰণৰ আছিল ৷ একমাত্ৰ ৰূপৰ কাৰণেই মাহমুদ হাছানৰ দেউতাকে তাইক বোৱাৰী কৰি আনিছিল কাৰণ ৰূপৰ বাহিৰে আন কোনো যোগ্যতাই নাছিল তাইৰ মাহমুদ হাছানহঁতৰ ঘৰৰ বোৱাৰী হোৱাৰ মাথোন আর্থিকেই নহয়, মাহমুদ হাছানহঁতৰ লগত সিহঁতৰ যথেষ্ট সামাজিক পার্থক্যও আছিল মাহমুদ হাছানৰ দেউতাক উচ্চশিক্ষিত আছিল আৰু উচ্চপদস্থ চৰকাৰী বিষয়া হিচাপে কৰ্মৰত আছিল সমাজতো মাহমুদ হাছানহঁতৰ সুকীয়া আসন আছিল প্রসাদোপম অট্টালিকা, অর্থ, সন্মান, প্রতিষ্ঠা কোনোটোৰে অভাৱ নাছিল মাহমুদ হাছানহঁতৰ আনহাতে ফৰিদাৰ দেউতাক আছিল এজন সাধাৰণ কৃষক বিশেষ শিক্ষিতও নাছিল মাথোন মেট্রিকহে পাছ কৰিছিল অট্টালিকাতো দূৰৰে কথা সাধাৰণ পকীঘৰ এটাও নাছিল টিনপাতৰ দুচলীয়া ঘৰ দুটামানহে আছিল সিহঁতৰ

এবাৰ মাহমুদ হাছানৰ দেউতাক সিহঁতৰ গাঁৱৰে এঘৰত বিয়া খাবলৈ গৈছিল ফৰিদাহঁতো গৈছিল সেইখন বিয়া খাবলৈ তাতেই মাহমুদ হাছানৰ দেউতাকে ফৰিদাক দেখি পছন্দ কৰিছিল আৰু এমাহ পাছতে মাহমুদ হাছানৰ লগত তাইৰ শুভবিবাহ সম্পন্ন হৈছিল৷ তাইৰ তেতিয়া বয়সো কম আছিল মাথোন সোতৰ বছৰ মেট্রিক পাছ কৰি কলেজত ভৰ্ত্তি হৈছিলহে মাথোন মাহমুদ হাছানৰ বয়সো বৰ বেছি নাছিল সি তেতিয়া এম, বি, বি, এছ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ আছিল

ফৰিদা ছাত্ৰী হিচাপে বেয়া নাছিল প্রথম বিভাগতে মেট্ৰিক পাছ কৰিছিল আৰু পঢ়াৰ প্ৰতি খুবেই ধাউতি আছিল বিয়াৰ পাছত লেখা-পঢ়া অন্ত পৰিল বুলিয়ে ধৰি লৈছিল তাই কিন্তু মেট্ৰিকৰ ফলাফল আৰু পঢ়াৰ প্ৰতি ধাউতি দেখি বিয়াৰ কেইদিননমান পাছতে মাহমুদ হাছানৰ দেউতাকে তাইক কলেজত নাম লগাই দিছিল কলেজত নাম লগাই দিয়াৰ পাছত তাই স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছিল তাই মনযোগেৰে লেখা-পঢ়া কৰি সুখ্যাতিৰে বি, এ পাছ কৰাৰ পাছত ইংৰাজীত এম, এ পাছ কৰিছিল এম, এ পাছ কৰাৰ পাছত দুখনমান কলেজৰপৰা তাই অধ্যাপনা কৰাৰ বাবে আমন্ত্রণো পাইছিল; কিন্তু মাহমুদ হাছানৰ দেউতাকে তাইক অধ্যাপনা কৰিবলৈ দিয়া নাছিল

তেওঁ কৈছিল- নাই নাই, ঘৰৰ বোৱাৰীয়ে চাকৰি কৰাটো মই সমর্থন কৰিব নোৱাৰোঁ তদুপৰি আমাৰনো কিহৰ অভাৱ, যে বোৱাৰীয়ে চাকৰি কৰিব লাগিব? ডিগ্ৰীটোৰ প্ৰয়োজন আছিল, লৈছে ডিগ্রী থাকিলেই যে চাকৰি কৰিব লাগিব তাৰতো কোনো মানে নাই! ডিগ্রী দুখীয়াৰ কাৰণে সম্পদ হ’লেও ধনীৰ কাৰণে অলংকাৰহে মাথোন

শহুৰেকৰ মৃত্যুৰ পাছতো তাই কে’বাবাৰো চাকৰি কৰাৰ কাৰণে চেষ্টা কৰি বিফল হৈছে মাহমুদ হাছানে দেউতাকৰ পথকে অনুসৰণ কৰি তাইক চাকৰি কৰাৰ পৰা বিৰত ৰাখিছে শেষত অৱশ্যে তাই উপলব্ধি কৰিব পাৰিছে যে, তাইক লেখা-পঢ়া কৰিবলৈ সুযোগ দিয়া হৈছিল মাথোন আভিজাত্যৰ গৌৰৱ ৰক্ষা কৰিবলৈহে, তাইৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য কৰি নহয় সেয়ে তাই পুনৰ চাকৰিৰ কাৰণে চেষ্টা কৰা নাই যদিও সময় পাৰ কৰাৰ কাৰণে তাইৰ চাকৰিৰ খুবেই প্রয়োজন আছিল

যিয়ে নহওঁক. বিয়াৰ আঠ বছৰ পাছত প্ৰথম ছোৱালী ৰাবিয়াৰ জন্ম হয় বিলম্বিত সন্তানৰ কাৰণে অৱশ্যে তাই দায়ী নাছিল, ইয়াৰ বাবে দায়ী আছিল স্বয়ং মাহমুদ হাছান কাৰণ সি নিজেই বিলম্বিত সন্তান কামনা কৰিছিল ৰাবিয়াৰ জন্মৰ চাৰি বছৰ পাছত দ্বিতীয়জনী ছোৱালী ছলমাৰ জন্ম হয় ছালমা জন্মৰ আগলৈকে মাহমুদ হাছানৰ লগত তাইৰ সম্পৰ্ক ঠিকেই আছিল ছালমা জন্মৰ পাছতে সিহঁতৰ দাম্পত্য জীৱনৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ফৰিদাৰ মাহীয়েকৰ ছোৱালী জিলিমন

ছালমা জন্মৰ পাছত ফৰিদা শাৰীৰিকভাবে খুবেই দুৰ্বল হৈ পৰিছিল সেয়ে ছালমাক চোৱা-চিতা কৰাৰ কাৰণে তাই জিলিমনক আনিব লগা হৈছিল ৷ জিলিমনহঁতৰ আৰ্থিক অৱস্থা খুবেই দুর্বল আছিল জিলিমনহঁত তিনিজনী বায়েক-ভনীয়েক আছিল৷ সিহঁতৰ কোনো ভায়েক বা ককায়েক নাছিল জিলিমন আছিল পৰিয়ালৰ জ্যেষ্ঠ সন্তান তাইৰ তলত দুজনী ভনীয়েক আছিল জিলিমন ফৰিদাতকৈ চাৰি বছৰৰ সৰু গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালৰ নিয়ম অনুসৰি জিলিমনৰ কেতিয়াবাই বিয়াৰ বয়স পাৰ হৈ গৈছিল কিন্তু একমাত্ৰ টকাৰ কাৰণে মহাকে তাইক

বিয়া দি উলিয়াই দিব পৰা নাছিল সেয়ে ফৰিদা জিলিমনহঁতৰ ঘৰলৈ গৈ বিয়াৰ প্ৰতিশ্ৰুতি দি জিলিমনক সিহঁতৰ ঘৰলৈ লৈ আহিছিল

জিলিমন তেতিয়া বৰ যৌৱনা বাৰিষাৰ ভৰা নদীৰ দৰে যৌৱন, নিজৰাৰ দৰে চঞ্চল ওঁঠত এমোকোৰা হাঁহি সদায় লাগিয়ে থাকে সাধাৰণ কথাতে হাঁহি বাগৰি পৰে দেখিবলৈকো তাই বেয়া নাছিল ফৰিদাৰ দৰে ধুনীয়া নহ'লেও যৌৱনৰ পৰশে তাইৰ দেহত এক ধৰণৰ মাদকতা আনি দিছিল ফৰিদা তেতিয়া ক’বলৈ গ'লে এক প্ৰকাৰ শয্যাশায়ী সেয়ে মাহমুদ হাছানৰ জৈৱিক বাসনা পূৰণ কৰিবলৈ আংশিকভাবে হ’লেও তাই ব্যর্থ সেয়ে মাহমুদ হাছান লাহে লাহে জিলিমনৰ প্ৰতি আকৃষ্ট হৈ পৰে কথাটো এদিন ফৰিদাৰ চকুতো ধৰা পৰে সেয়ে সিদিনা তাই জিলিমনক উপদেশৰ সুৰত কৈছিল- তোৰ চেহেৰা-পাতি ভাল অলপ সাৱধানে থাকিবি ভিনউেৰৰ লগত বৰ-বেছি হলি-গলি নকৰিবি পুৰুষ মানুহ অলপ দুৰ্ব পালেই ফালি-ছিৰি খাব এইটো তোৰ কাৰণে বৰ বেয়া বয়স দুখীয়া ঘৰৰ ছোৱালী মই মহা-মাহীক তোক বিয়া দিয়াৰ প্ৰতিশ্রুতি দি আনিছো তোৰ ভাল-বেয়া চোৱা-চিতা কৰাৰ পৰা বিয়া-বাৰু দিয়ালৈকে সকলো দায়িত্ব এতিয়া মোৰ ওপৰত এবাৰ দুৰ্ণাম হ’লে বিয়া দিয়াই টান হ’ব তোৰ ভৱিষ্যতৰ কথা মই চিন্তা কৰিম ৷ যিমান টকা লাগে খৰচ কৰি তোক বিয়া দি উলিয়াই দিম তই মাথোন ভিনদেউৰৰ পৰা আঁতৰি থাকিবি

কিন্তু ফৰিদাৰ এই উপদেশ কোনো কামত অহা নাছিল নিশ্চিত মৃত্যুৰ কথা জানিও চগা জুইত জঁপিয়াই পৰাৰ দৰে জিলিমন মাহমুদ হাছানৰ কামনাৰ জুইত জঁপিয়াই পৰিছিল আৰু তাইৰ গৰ্ভত এযা সময়ত অবৈধ সন্তান থিতাপি লৈছিল৷

সিহঁতৰ ঘৰত বোৰহান নামৰ এজন লগুৱা আছিল মাহমুদ হাছানৰ পৰামৰ্শ অনুসৰি জিলিমনে অবৈধ মাতৃত্বৰ বোজা বোৰহানৰ ওপৰত জাপি দিছিল বোৰহান খুবেই সহজ-সৰল প্ৰকৃতিৰ লোক আছিল সকলো জানি-বুজিও সি অন্যায়ৰ বিৰুদ্ধে কোনো প্রতিবাদ কৰা নাছিল ক’বলৈ গ'লে ভদ্ৰ সমাজৰ ভণ্ডামী দেখি সি বোবা হৈ িৈছল অবৈধ মাতৃত্বৰ আঁৰৰ মানুহজনৰ কথা ফৰিদাই জানিছিল যদিও পৰিয়ালৰ দুৰ্ণামৰ কথা চিন্তা কৰি তায়ো মুখ খোলা নাছিল অৱশেষত পেটত থিতাপি লোৱা সন্তানটো নষ্ট কৰি মাহমুদ হাছানে জিলিমনক বোৰহানৰ লগত বিয়া দি দিছিল

বিয়াৰ পাছত বোৰহানে জিলিমনক লৈ গাঁৱৰ ঘৰলৈ যাব খুজিছিল; কিন্তু বোৰহানৰ এই প্ৰস্তাৱত জিলিমন সন্মত হোৱা নাছিল এই অসন্মতিৰ আঁৰতো মাহমুদ হাছানৰে হাত আছিল বিয়াৰ পাছতো যাতে অবৈধ সম্বন্ধ ৰক্ষা কৰি চলিব পাৰে তাৰ বাবেই মাহমুদ হাছানে জিলিমনক বোৰহানৰ লগত গাঁৱৰ ঘৰলৈ নাযাবলৈ পৰামৰ্শ দিছিল মাহমুদ হাছানৰ এই পৰিকল্পনা আগৰে পৰাই আছিল সেয়ে হয়তো জিলিমনৰ গৰ্ভপাত মাহমুদ হাছান নিজেই কৰিছিল আৰু গৰ্ভপাত কৰাৰ সময়ত জিলিমনৰ অজ্ঞাতসাৰে লাইগেশ্বনো কৰিছিল যাতে সিহঁতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তেওঁ অভিসাৰ চলাই যাব পাৰে যাৰ ফলত বিয়াৰ পোন্ধৰ বছৰ পাছতো জিলিমন মাতৃ হ'বলৈ সক্ষম হোৱা নাই

বোৰহান নামতহে জিলিমনৰ গিৰিয়েক, আচল গিৰিয়েক হ’ল মাহমুদ হাছান বিয়াৰ পাছতো কোনো ধৰণৰ লাজ-সংকোচ নকৰাকৈ উভয়ে অভিসাৰ অব্যাহত ৰাখিছে মাহমুদ হাছানে জিলিমনক বোৰহানৰ বিছনাৰ পৰা মাতি আনি নিশা যাপন কৰাৰ দৰে নিৰ্লজ ঘটনাও ঘটিছে বহুদিন ফৰিদাৰ চকুৰ আগতে বছৰৰ পাছত বছৰ ধৰি এই ঘটনাৰ পুনৰবৃত্তি হৈছে পুৰুষৰ মন বান্ধি ৰাখিব নোৱাৰাটোতো নাৰীৰ কাৰণে চৰম দুভাগ্য আৰু অপমানৰ কথা গতিকে তাই নিজৰ অপমানৰ কথা চিন্তা কৰাৰ লগতে পৰিয়ালৰ দুৰ্ণামৰ কথা চিন্তা কৰি এই বিষয়ে কোনোদিন প্রতিবাদ কৰা নাই অকলে বিছনাত শুই নিজৰ ভাগ্যক দোষাৰূপ কৰিছে ইচাটি-বিচাটি কৰি পাৰ কৰিছে বহু অভিশপ্ত বিনিদ্ৰ ৰজনী বোৰহানেও প্রথমাৱস্থাত জিলিমনহঁতৰ অভিসাৰ সহজভাবে মানি ল’ব পৰা নীীছিল অস্বস্তি অনুভৱ কৰিছিল শেষতঅৱশ্যে দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ কৰাৰ দৰে সি সকলো স্বাভাৱিকভাবেই মানি ল’বলৈ বাধ্য হৈছে নিজৰ ভদ্ৰতাৰ মুখা খোল খোৱাৰ ভয়ত অলপ বুজিবপৰা হোৱাৰ লগে লগে মাহমুদ হাছানে ছোৱালী দুজনীক বোর্ডিঙত থৈ পঢ়ুৱাইছে

জিলিমনহঁতৰ এই অভিসাৰৰ নীৰৱ প্ৰতিবাদ হিচাপে ফৰিদাই বহুদিন আগতেই মাহমুদ হাছানৰ সংগ ত্যাগ কৰাৰ সিদ্ধান্ত লৈ থৈছে কিন্তু ছোৱালী দুজনীৰ কথা চিন্তা কৰি ইমানদিন তাই শামুকৰ দৰে নিজক গোটাই ৰাখিছিল তিনি বছৰ আগতে ডাঙৰজনী ছোৱালী ৰাবিয়াক এগৰাকী ডাক্তৰৰ লগত বিয়া দি উলিয়াই দিছে সিহঁত এতিয়া আমেৰিকাত থাকে দ্বিতীয়জনী ছোৱালী ছালমাৰ বিয়া দুদিন আগতে সম্পন্ন হৈছে জোঁৱায়েক অভিযন্তা বিদেশলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিয়াৰ কাৰণে এই কেইদিন ফৰিদাই খুবেই ব্যস্ততাৰ মাজত সময় কটাব লগীয়া হৈছে এই কেইদিন আত্মীয়-স্বজন, বন্ধু-বান্ধৱেৰে ঘৰখন গিগিজাই আছিল কালি আটায়ে বিদায় লৈ গৈছে ফলত ঘৰখন আজি একেবাৰে নিজম পৰি আছে আজিৰ এই দিনটোৰ কাৰণে ফৰিদাই বহুদিনৰপৰা অপেক্ষা কৰি আছিল

মাহমুদ হাছানো ঘৰত নাই মাহমুদ হাছান এজন গাইনিকোলজিষ্ট ডাক্তৰ হিচাপে তেওঁৰ যথেষ্ট সুনাম দূৰ-দূৰণিৰ পৰাও তেওঁৰ ওচৰলৈ বহু ৰোগী চিকিৎসাৰ বাবে আহে তেওঁৰ নিজৰে এখন ফাৰ্মাচী আছে ঘৰৰ পৰা অনতিদূৰতে ফাৰ্মাচীখন নিতৌ ৰাতিপুৱা সাত বজাৰ পৰা ন বজালৈ তেওঁ ফার্মাচীত বহি ৰোগী চায় বিয়াৰ ব্যস্ততাৰ কাৰণে তেওঁ বহুদিন ফার্মাচীলৈ যাব পৰা নাছিল অৱসৰ পোৱাত বহুদিনৰ বিৰতিৰ পাছত আজি ৰাতিপুৱা তেওঁ ৰোগী চাবলৈ ফাৰ্মাচীলৈ গৈছে দহবজাৰ আগতে তেওঁ ফাৰ্মাচীৰপৰা ঘৰলৈ নাহে

মাহমুদ হাছান ফার্মাচীৰপৰা উভতি অহাৰ আগতে গুচি যোৱাৰ সিদ্ধান্ত লৈ ফৰিদাই কাপোৰ-কানি গোটাই বেগত ভৰাবলৈ ধৰিলে মাজতে জিলিমন আহি সুধিলে- বাইদেউ, কি কৰি আছে?

ফৰিদাৰ চিঞৰি চিঞৰি ক’বলৈ মন গৈছিল যে, ইমানদিনে তহঁতৰ মাজত থাকি যি এক অভিশপ্ত জীৱনৰ বোজা বৈ ফুৰিছো তাৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থা কৰি আছো কিন্তু তাই একো নক’লে ইমানদিন যেহেতু কোনো ধৰণৰ অভিযোগ বা প্রতিবাদ কৰা নাই, আজিও নকৰে সেয়ে তাই মৃদু উষ্মা প্রকাশ কৰি ক'লে- দেখিয়েতো আছা, কাপোৰ-কানি বেগত ভৰাই আছো!

ক’ৰবালৈ যাব নেকি, বাইদেউ?

প্ৰশ্নটো শুনিও নুশুনাৰ ভাওজুৰি ফৰিদা নিজৰ কামত ব্যস্ত থাকিল সেয়ে জিলিমনে পুনৰ সুধিলে- মই সহায় কৰি দিওঁ নেকি, বাইদেউ ?

ফৰিদাই নির্লিপ্তভাবে ক’লে- নালাগে তই যা, ড্রাইভাৰক গাড়ী বাহিৰ কৰিবলৈ ক’গৈ

গাড়ী! যাব ক'লৈ?

ৰফিকহঁতৰ ঘৰলৈ

ফৰিদাহঁত চাৰিজনী ভায়েক-ভনীয়েক আছিল দুজনী ভনীয়েক আৰু দুজন ভায়েক ফৰিদা আছিল পৰিয়ালৰ জ্যেষ্ঠ সন্তান ফৰিদাৰ তলতে আছিল ভায়েক দুজন নুমলীয়া ভায়েক ছফিক স্থানীয় হাইস্কুলৰ শিক্ষক ফৰিদাক খুবেই শ্রদ্ধা ভক্তি কৰে।। মাক-বাপেক ঢুকোৱাৰ পাছত ছফিকেই তাইৰ খা-খবৰ লৈ থাকে ছফিক গাঁৱৰ ঘৰতে থাকে বছৰত অন্ততঃ দুবাৰ ফৰিদা গাঁৱৰ ঘৰলৈ যায় ৰফিক ছফিকৰে ডাঙৰ ল’ৰা ৰফিক মফচল কলেজ এখনৰ প্ৰৱক্তা জীৱনৰ বাকী সময়খিনি তাই ৰফিকৰ লগতে থকাৰ সিদ্ধান্ত লৈছে ৰফিক তাই আগতীয়াকৈ কথাটো জনায়ো থৈছে ৰফিকেও আনন্দ মনেৰেই পেহীয়েকৰ প্ৰস্তাৱ মানি লৈছে অৱশ্যে ফৰিদা ভাইপোৰ সংসাৰত বোজা হৈ থাকিব বিচৰা নাই সেয়ে তাই ইতিমধ্যে ব্যক্তিগত খণ্ডৰ কলেজ এখনৰ লগত প্ৰৱক্তাৰ চাকৰিৰ কাৰণে যোগাযোগ কৰি থৈছে নক'লেও হ’ব যে, চাকৰিটো যোগাৰৰ ক্ষেত্ৰত ৰফিকেই তাইক সহায় কৰিছে সম্ভৱ হ’লে কাইলৈয়ে কামত যোগদান কৰিব এনেকুৱাই সিদ্ধান্ত লোৱা আছে

আপুনি অকলেই যাব, নে ভিনদেৱো যাব?

মই যি কৈছো তাকে কৰ প্রশ্ন সুধি নাথাকিবি, যা.…......

কোনো কথা দুবাৰ সুধিলে ফৰিদাই বেয়া পায় বুলি জিলিমনে জানে ইফালে তাইক যে ফৰিদাই সহ্য কৰিব নোৱাৰে এই কথাও তাই জানে সেয়ে তাই পুনৰ কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা নকৰি মনে মনে কোঠালীৰ পৰা ওলাই গ'

ইতিমধ্যে দবাপিটা বৰষুণ আৰম্ভ হৈ গৈছিল বৰষুণত তিতিয়ে ড্রাইভাৰে কাপোৰ-কানিৰ বেগ গাড়ীত তুলিলে ফৰিদা নিজেও বৰষুণত তিতিয়ে গাড়ীলৈ আহি বহিল

গেট পাৰ হৈ গাড়ী ৰাস্তাত উঠিল ৰাস্তাত উঠিয়ে ফৰিদাৰ উপলব্ধি হ’ল, পোন্ধৰ বছৰ পাছত যেন তাই প্রথমবাৰৰ কাৰণে মুক্ত আকাশৰ তলত মুক্তভাবে উশাহ লৈছে মুক্তিৰ আনন্দত এক গভীৰ প্ৰশান্তিত তাইৰ দেহ-মন ভৰি পৰিল

(গণ অধিকাৰত প্ৰকাশিত)

 

                     বাহীফুল

ড্ৰয়িং ৰোম লৈ সোমাই আহি বিপুলে নীলাঞ্জনাক সংকুচিতভাবে চোফা এখনত বহি থকা দেখিলে নীলাঞ্জনাৰ কপাল উকা পিন্ধোনত বগা সাজ৷ আজিৰপৰা বাৰ বছৰ আগত কন্দৰ্পৰ লগত নীলাঞ্জনাৰ বিয়া হৈছিল কন্দৰ্প আছিল আৱকাৰী বিভাগৰ এজন উচ্চপদস্থ বিষয়া সিহঁতৰ বৈবাহিক জীৱন মাথোন পাঁচ বছৰহে স্থায়ী হৈছিল অৰ্থাৎ পাঁচ বছৰ আগতে কন্দৰ্পৰ মৃত্যু হৈছে কন্দৰ্পৰ স্বাভাৱিক মৃত্যু হোৱা নাই ভেটি খাই ধৰা পৰি সি জে’ল লৈ যাব লগা হৈছিল আৰু জে'লৰপৰা জামিনত ওলাই আহি লোকলজ্জাৰ পৰা হাত সাৰিবলৈ সি চিপ লৈ আত্মহত্যা কৰিছে কন্দৰ্পৰ মৃত্যুৰ পূৰ্বে নীলাঞ্জনা দুটা সন্তানৰ মাতৃ হোৱাৰ সৌভাগ্য হৈছিল কন্দৰ্পৰ মৃত্যুৰ পাছত তাই সন্তান দুটা লৈ মাক-দেউতাকৰ সংসাৰত আশ্ৰয় লৈছে এইবোৰ কথা বিপুলে লোকমুখে শুনিছে একেখন চহৰৰ বাসিন্দা কাৰণে বিপুলে মাজে-সময়ে নীলাঞ্জনাক ৰাস্তা-ঘাটত লগ পায়; কিন্তু সি ইচ্ছাকৃতভাবেই কোনোদিন নীলাঞ্জনাৰ লগত কথা পতা নাই ইয়াৰ কাৰণো অৱশ্যে নথকা নহয় আজিৰপৰা বাৰ বছৰ আগত নীলাঞ্জনাৰ লগত তাৰ বিয়া বন্দৱক্ত হৈছিল৷ এনেকি আঙুঠি পিন্ধোৱাৰ দিন-বাৰো ঠিক হৈছিল কিন্তু নীলাঞ্জনাৰ খুড়াকৰ কাৰণে সেই বিয়া ভাঙি গৈছিল

এম, এ পাছ কৰাৰ পাছত ইণ্টাৰভিউৰ পাছত ইণ্টাৰভিউ দি বিপুল ভাগৰি পৰিছিল এবাৰৰ এটি ঘটনাৰ পাছত বিপুলে চিৰদিনৰ কাৰণে চাকৰিৰ আশা ত্যাগ কৰে সিবাৰ সিহঁতৰ স্থানীয় কলেজখনত এটা প্ৰৱক্তাৰ পদ খালী হৈছিল কলেজ কর্তৃপক্ষই তাক চাকৰিটো দিয়াৰ কাৰণে সিদ্ধান্তও লৈছিল; কিন্তু কোনোবা এজন মন্ত্ৰীৰ হেঁচাত পৰি শেষমুহূৰ্তৰ্তত কলেজ কর্তৃপক্ষই চাকৰিটো বেলেগ এজনক দি দিছিল হ’ব লগা চাকৰিটো নোহোৱাত তাৰ চাকৰিৰ প্রতি বিতৃষ্ণা ওপজে আৰু চাকৰিৰ আশা বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয় দেউতাক ধনঞ্জয় মাষ্টৰৰ পৰামৰ্শ মতে সি পাঁচ হাজাৰ টকাৰে এখন মনোহাৰী দোকান আৰম্ভ কৰে বিপুলৰ ব্যৱসায় ভাগ্য ভালেই আছিল তিনি বছৰৰ ভিতৰত সি এখন ডাঙৰ দোকানৰ মালিক হৈ পৰাৰ লগতে এজন সফল ব্যৱসায়ী হিচাপে অঞ্চলটোত জনাজাত হৈ পৰে ব্যৱসায়ত সফল হোৱাৰ পাছত দেউতাকে তাৰ বিয়াৰ কাৰণে কইনা চাবলৈ আৰম্ভ কৰে

বিপুলৰ কইনা ভাগ্যও বেয়া নাছিল সুশিক্ষিতা কইনাৰ সন্ধান পাইছিল ধনঞ্জয় মাষ্টৰে ৰূপ-গুণৰ লগত কইনাৰ স্বভাৱ-চৰিত্ৰও ভাল আছিল ৷ পৰিয়ালো সু-প্রতিষ্ঠিত খেতি-বাতিৰ উপৰিও ঘৰখনত দুটাকৈ চাকৰি কইনাৰ বাপেক শিক্ষক আৰু খুৰাক মুম্বাইৰ এখনৰ প্ৰতিষ্ঠিত ফাৰ্মৰ কাৰ্যবাহী সঞ্চালক

কইনা চাই পছন্দ হোৱাৰ পাছত ধনঞ্জয় মাষ্টৰে বিপুলকো কইনা দেখুৱায় কইনা চাই বিপুলৰো পছন্দ হয় কথা-বতৰাও আগবাঢ়িছিল আঙুঠি পিন্ধোৱাৰ দিন-বাৰো ঠিক হৈছিল কিন্তু আঙুঠি পিন্ধোৱাৰ দুদিনমান আগত মুম্বাইত চাকৰি কৰা কইনাৰ খুড়াক ভুপেন তালুকদাৰে লেঠা লগালে তাদলুকদাৰে বিপুলক চাবলৈ আহি ইটো-সিটো কথা সোধাৰ পাছত ক'লে- বিয়াৰ পাছত তুমি মোৰ লগত ওলাবা তোমাৰ কাৰণে মই চাকৰি এটা প্রায় ঠিক কৰিয়ে থৈ আহিছো বেচৰকাৰী চাকৰি যদিও চৰকাৰী চাকৰিতকৈ বেছি সুবিধা পাবা দৰমহা-পাতিও ভাল নিষ্ঠা সহকাৰে কাম কৰিলে তিনি চাৰি বছৰ পাছতে মেনেজিং ডিৰেক্টৰ হ’ব পাৰিবা

তালুকদাৰৰ কথা শুনি বিপুলে হতাশাৰ সুৰত ক’লে- কিন্তু মোৰ দোকান! দোকান কোনে চলাব?

তালুকদাৰে বিদ্রূপৰ সুৰত ক'লে- বাদ দিয়া তোমাৰ দোকান! দোকানৰ পৰানো তুমি কেইটা টকা উপার্জন কৰিব পাৰিবা মেনেজিং ডিৰেক্টৰ হ’লে এটা সময়ত তুমি দহোটা দোকানৰ উপাৰ্জন অকলেই কৰিব পাৰিবা

তথাপি প্রলোভিত নহৈ বিপুলে দৃঢ়কণ্ঠত ক’লে- প্রথমাৱস্থাত মই চাকৰিৰ কাৰণে চেষ্টা কৰিছিলো কিন্তু বাৰে বাৰে ইণ্টাৰভিউ দি বিফল হৈহে মই দোকানখন আৰম্ভ কৰিছোঁ দোকানৰ অৱস্থাও বর্তমান ভাল আমাৰ পৰিয়ালৰ লগতে আৰু দুটা পৰিয়াল বৰ্তমান দোকানখনৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে গতিকে মই দোকানখনতে লাগি থকাৰ কথা ভাবিছো বৰ্তমান চাকৰি কৰাৰ মুডো নাই মোৰ

ভুপেন তালুকদাৰে চকু বিস্ফাৰিত কৰি বিস্মিত দৃষ্টিৰে বিপুলৰ মুখলৈ চালে বিদ্রূপৰ প্ৰচ্ছন্ন অভিব্যক্তি ফুটি উঠিল তাৰ চকু-মুখত সি উপদেশৰ সুৰত ক'লে- তেনেহ'লে তোমাৰ এম এ পাছৰ কি মূল্য থাকিল? প্রাইমাৰীখন পাছ কৰাৰ পাছতেই দেখোন দোকান দিব পাৰিলাহেঁতেন তোমাৰ এম, এ পাছ কৰাৰ কি প্রয়োজন আছিল?

বিপুল বিচলিত নহ’ল সি নিজক চম্ভালি সংযত সুৰত ক’লে- এম, এ পাছ কৰিলেই যে চাকৰি কৰিব লাগিব তাৰতো কোনো অর্থ নাই! তদুপৰি ব্যৱসায় কৰিলেইতো মোৰ ডিগ্ৰীৰ গুণ শেষ হৈ নাযায়

ডিগ্ৰী অৱশ্যে থাকিব; কিন্তু সেয়া নামতহে থাকিব ব্যৱহাৰিক কোনো মূল্যই নাথাকিব তোমাৰ ডিগ্ৰীৰ এইদৰে কৈ তালুকদাৰে শেষ অস্ত্ৰপাত প্ৰয়োগ কৰিলে- চাকৰিত নিৰাপত্তা আছে, কিন্তু তোমাৰ ব্যৱসায়ৰ কোনো নিৰাপত্তা নাই চলিলে ভাল নচলিলে চালান গায়েব

তেতিয়া বিপুলে আঁকোৰগোজভাবে ক’লে- মই ভাবো চাকৰিতকৈ ব্যৱসায়তে নিৰাপত্তা অধিক চাকৰি এজন মানুহৰ কাৰণেহে মানুহজনৰ মৃত্যুৰ লগে লগে চাকৰিৰো মৃত্যু হয় কিন্তু ব্যৱসায়ত প্রতিষ্ঠিত হ’ব পাৰিলে পুৰুষানুক্রমে চলি থাকে তদুপৰি চাকৰিমুখী

প্ৰৱণতাই আমাৰ সমাজত লাখ লাখ নিৱনুৱা সৃষ্টি কৰিছে ফলত সন্ত্রাসবাদীৰ দৰে অসামাজিক শক্তিসমূহ গা কৰি উঠিছে আপুনি লক্ষ্য কৰিছেনে নাই নাজানো কিন্তু মই ব্যৱসায় কৰিবলৈ গৈ এইবোৰ কথা লক্ষ্য কৰিছো অসমৰ বাহিৰৰ পৰা মানুহ আহি প্ৰথমতে পাণ- তামোলৰ দোকান দি বহে আৰু দুই চাৰি বছৰৰ ব্যৱধানত সেইজন মানুহেই মহাজন হৈ পৰে কেইপদমান স্কৰু ড্ৰাইভাৰ, প্লাছ লৈ সুদূৰ পঞ্জাৱৰ পৰা আহি দুই-চাৰি বছৰ ভিতৰত আঠ-দহখন বাছ-লৰীৰ মালিক হৈ পৰাটোও মই লক্ষ্য কৰিছোঁ এইবোৰ ঘটনা দেখোন প্রতিদিন আমাৰ চকুৰ আগতে ঘটি আছে সিহঁতে যদি ব্যৱসায়ৰ জৰিয়তে ইমান উন্নতি কৰিব পাৰে, আমিনো নোৱাৰিম কিয়? আমি কোন গুণত সিহঁততকৈ হীন? আমি চাকৰিৰ বাবে বিপ্লৱ নকৰি কৰ্ম-সংস্কৃতিৰ বাবেহে কৰিব লাগিব তেহে আমাৰ অৰ্থনৈতিক মুক্তি আহিব

বিপুলৰ কথাত যুক্তি থাকিলেও ভুপেন তালুকদাৰ সন্তুষ্ট হ’ব পৰা নাছিল সেয়ে সি বিয়াখন ভাঙি দিছিল আৰু ভতিজীয়েকক কন্দৰ্পৰ লগত বিয়া দি উলিয়াই দিছিল

হ’ব লগা বিয়াখন ভাঙি যোৱাত বিপুল ক্ষোভ-অপমানত ম্রিয়মান হৈ পৰিছিল আৰু বিয়াৰ আশা বাদ সি ব্যৱসায়তে মনপুতি লাগিছিল অতীত ৰোন্থন কৰি বিপুল সন্ধানী দৃষ্টিৰে নীলাঞ্জনাৰ ফালে চালে নীলাঞ্জনাৰ চেহেৰা-পাতি ঠিক আগৰ দৰেই আছে বিধৱাৰ সাজে যেন তাইক অধিক মোহনীয়হে কৰি তুলিছে কিন্তু তাইৰ চকু-মুখত সংকোচৰ লগতে বিষাদৰ ছাপ প্ৰচ্ছন্ন সেয়ে সি সেমেনা-সেমেনি কৰি সুধিলে- আপুনি মানে...........বিপুলে বাক্যটো আধৰুৱাকৈ এৰিলে

নীলাঞ্জনাই অপ্রতিভভাবে বিপুলৰ মুখৰ ফালে চাই অপৰাধীৰ দৰে ক'লে- কন্দৰ্পৰ মৃত্যুৰ কথা আপুনি নিশ্চয় শুনিছে কন্দৰ্পৰ মৃত্যুৰ পাছত মা-দেউতাৰ সংসাৰতে আশ্ৰয় লৈ আছো ফেমিলি পেনচন হোৱাৰ কথা আছিল; কিন্তু কেলেংকাৰীত অভিযুক্ত হোৱাৰ কাৰণে পেনচন নহ' মা-দেউতা জীয়াই থকালৈকে সকলো ঠিকে-ঠাকেই চলি আছিল মা-দেউতাৰ মৃত্যুৰ পাছত ল’ৰা দুটা লৈ ককাই-ভাইৰ সংসাৰত বোজা স্বৰূপ হৈ পৰিছো অৱশ্যে তেওঁলোকৰ গাতো দোষ নাই অভাৱত মানুহৰ স্বভাৱ নষ্ট হয় ককাই-ভাই উভয়ে বেকাৰ কাৰো চাকৰি নাই সৰু-সুৰা ব্যৱসায় কৰি কোনোমতে পৰিয়াল পোহপাল দি আছে ল’ৰা দুটাক প্রাইভেট স্কুলত পঢ়িবলৈ দিছো ককাই-ভায়ে ভাতমুঠি দিলেও ল’ৰা দুটাৰ স্কুলৰ ফিচ দিবলৈ টান পায় কেতিয়াবা এই বিষয়ে দুই কথা শুনায়ো এইদৰে নিজৰ দুৰ্ভাগ্যৰ কথা বর্ণনা কৰি ক'লে- এতিয়া সন্তান দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে মই আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ বিদ্যালয়ত সুযোগ এটা পালে

মোৰ মহান উপকাৰ হ’ব

বিপুল বর্তমান সু-প্রতিষ্ঠিত ব্যৱসায়ী ব্যৱসায়ৰ সমান্তৰালভাবে সি নানা জনহিতকৰ কামৰ লগতো জড়িত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ দুৰৱস্থালৈ লক্ষ্য কৰি সি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কেইজনমান বন্ধুৰ লগত লগ লাগি ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে বিদ্যালয় গৃহ নিৰ্মাণৰ লগতে আন্তঃগাঁথনিৰ কাম সম্পন্ন হৈছে বর্তমান বাকী আছে মাথোন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া ৷ এমাহমান আগতে শিক্ষক বিচাৰি জাননীও প্ৰকাশ কৰিছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ ভালেখিনি আবেদন-পত্ৰও জমা হৈছে ইতিমধ্যে তাৰ মাজত নীলাঞ্জনাৰ আবেদন-পত্ৰও আছে ইণ্টাৰভিউলৈ আহিলে নীলাঞ্জনাক দুই কথা শুনোৱাৰ কথাও ভাবি আছিল সি কিন্তু নীলাঞ্জনাৰ দুৰ্ভাগ্যৰ কথা শুনি তাৰ মনটো সেমেকি উঠিল আৰু এষাৰ কথা জনাৰ কাৰণে সি কৌতুহলী হৈ উঠিল বিদ্যালয়খনৰ প্রকৃত মালিক যে বিপুল এই কথা জানি-শুনিয়ে তাই আবেদন কৰিছে, নে এই বিষয়ে তাই অজ্ঞাত

বিপুলে নিজৰ কৌতুহল নিবাৰণৰ কাৰণে সুধিলে- বিদ্যালয়খনৰ প্ৰকৃত মালিক কোন আপুনি জানে নেকি?

মাথোন জনাই নহয়, আপুনি যে মোক নিৰাশ নকৰিব এই বিষয়ে দৃঢ়নিশ্চিত হৈয়ে মই আবেদন কৰিছো নীলাঞ্জনাই দৃঢ়কণ্ঠত ক’লে

ইমানখিনি মনৰ বল আপুনি পালে ক’ত?

কাৰণ বাৰ বছৰ আগত আমাৰ পৰিয়ালে আপোনাৰ লগত যি অন্যায় কৰিছিল তাত বিন্দুমাত্রও মোৰ দোষ নাছিল আন দহজনী ভাৰতীয় নাৰীৰ দৰে অনিচ্ছা সত্ত্বেও মই অভিভাৱকৰ কথা মানি ল’বলৈ বাধ্য হৈছিলো একমাত্ৰ খুড়াৰ বাহিৰে কোনেও বিয়াখন ভাঙি দিয়াৰ পক্ষত নাছিল কিন্তু অন্যায় বুলি জানিও আটায়ে খুড়াৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য হৈছিল কাৰণ খুড়াই আছিল তেতিয়া ঘৰখনৰ আটাইতকৈ প্ৰভাৱশালী সদস্য সেয়ে মইতো দূৰৰে কথা তেতিয়া খুড়াৰ সিদ্ধান্তৰ বিৰুদ্ধে মাতমাতাৰ সাহস বেলেগ কাৰো নাছিল

এইবোৰ কথা বিপুলেও অৱশ্যে তেতিয়া লোক-মুখে শুনিছিল সেয়ে বিয়াখন ভাঙি গ’লেও নীলাঞ্জনাৰ প্ৰতি সি এক বিশেষ আকর্ষণ অনুভৱ কৰি আছিল বাৰ বছৰত সেই আকৰ্ষণ কিছু শিথিল হ’লেও সি নীলাঞ্জনাক মনৰ পৰা একেবাৰে মচি পেলাব পৰা নাই নীলাঞ্জনাৰ কথাত যেন সেই আকর্ষণ অধিক ঘণীভূত হৈ উঠিল হয়তো সি তাৰ অজানিতেই নীলাঞ্জনাক ভাল পাই পেলাইছিল, যাৰ কাৰণে সি অভিভাৱকৰ তাগিদাসত্ত্বেও ইমানদিন বিয়া নকৰোৱাকৈ আছে আৰু সেই ভালপোৱাৰ আকৰ্ষণেই হয়তো নীলাঞ্জনাক পুনৰ তাৰ ওচৰলৈ টানি আনিছে নীলাঞ্জনাৰ কাৰণে কিবা এটা কৰিব পাৰিলে যেন সি নিজক ধন্য মানিব এনেকুৱা এক উপলব্ধিয়ে তাৰ দেহ-মন আলোড়িত কৰি তুলিলে বাৰ বছৰ আগৰ বিয়োগাত্মক স্মৃতিয়ে যেন তাৰ মনত পুলক জগাই তুলিলে সেয়ে সি কোনো ধৰণৰ ভুমিকা কৈ পোনপটীয়াভাবে তাৰ সিদ্ধান্তৰ কথা জনালে- আপুনি কাইলৈৰপৰাই কামত যোগদান কৰিব পাৰে, যদি আপোনাৰ কোনো অসুবধিা নাই

বিপুলে নীলাঞ্জনাক মাথোন চাকৰিয়ে নিদিলে, একেবাৰে অধ্যক্ষাৰ পদত নিয়োগ কৰিলে এই বদান্যতাৰ কাৰণে তাৰ সহযোগীসকলে আলেঙে আলেঙে তাৰ সমালোচনাও কৰিলে কিন্তু সেই সমালোচনালৈ ভ্ৰূক্ষেপ নকৰি সি ব্যৱসায়তকৈ বিদ্যালয়ৰ প্ৰতিহে অধিক গুৰুত্ব দিলে

বিপুলৰ এই মনোভাৱলৈ লক্ষ্য কৰি কামত যোগদান কৰাৰ ছমাহমান পাছত নীলাঞ্জনাৰ সহযোগী শিক্ষয়িত্ৰী এগৰাকীয়ে এদিন ক'লে- আচলতে বাৰ বছৰ আগত আপোনালোকে দাম্পত্য জীৱনৰ পাতনি মেলিব লাগিছিল; কিন্তু হঠাৎ এজাক বা-মাৰলি আহি আপোনালোকক বিচ্ছিন্ন কৰি পেলাইছিল শুনিছো, আপোনাক বিয়া কৰাব নোৱাৰিয়ে হেনো ছাৰে ইমানদিনে বিয়া নকৰোৱাকৈ আছে এতিয়া বিষয়টো নতুনকৈ চিন্তা কৰিব নোৱাৰি নেকি?

নীলাঞ্জনায়ো কথাটো নভবা নহয় আগৰে পৰাই তাই বিপুলৰ প্ৰতি এক প্রচ্ছন্ন আকর্ষণ অনুভৱ কৰি আছিল কামত যোগদান কৰাৰ পাছত বিপুলৰ বন্ধু-সূলভ ব্যৱহাৰত যেন সেই প্রচ্ছন্ন আকর্ষণ বাঢ়নি পানীৰ দৰে লাহে লাহে বৃদ্ধি হৈ তাইক প্লাৱিত কৰি তুলিছে লোভ নামৰ এক প্ৰৱল শক্তিয়ে যেন তাইক অহৰহ বিপুলৰ ফালে আকৰ্ষণ কৰি আছে কিন্তু কন্দৰ্পৰ লগত কটোৱা দিনবোৰৰ স্মৃতি সুঁৱৰি আৰু ল’ৰা দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাই শামুকৰ দৰে নিজক গোটাই ৰাখিছে

সেয়ে তাই কোনো ধৰণৰ প্ৰতিবাদ নকৰি নিৰ্বিকাৰভাবে ক’লে- মইতো এতিয়া বাহীফুল বাহীফুল দেৱতাৰ নৈৱেদ্য হ’ব পাৰে জানো?

সিদিনা নিশা নীলাঞ্জনাই এটি সপোন দেখিলে জোনাক বিধৌত দিগন্ত প্ৰসাৰিত সেউজ পথাৰ সেই পথাৰৰ মাজত বিপুল অকলে থিয় দি আছে নীলাঞ্জনা সন্তর্পণে বিপুলৰ ফালে আগুৱাই গ’ল তাইৰ ফালে নোচোৱাকৈ বিপুলে ক’লে- সপোন সপোন লগা সুন্দৰ এটি নিশা, দিনৰ পোহৰত এই সৌন্দর্য ম্লান পৰি নাযাবনে বাৰু?

এদিনৰ দেওবাৰ- ৮ জানুৱাৰী/২০১২

 

                 বিচাৰক

ৰাজীৱ দোক-মোকালিতে চাইকেলখন লৈ মেজিষ্ট্রেট চাহাবৰ বঙলালৈ বুলি ওলাল মেজিষ্ট্রেট চাহাবৰ আগত ঘটনাটো কেনেকৈ উপস্থাপন কৰিব তাকে ভাবি ভাবি সি চাইকেলৰ পেডেল মাৰিবলৈ ধৰিলে মানুহে কোৱামতে মেজিষ্ট্রেট চাহাব খুবেই কঠোৰ প্ৰকৃতিৰ লোক আৰু আইনৰ ক্ষেত্ৰত খুবেই সচেতন কোনো দোষীয়ে তেওঁৰ হাতৰ পৰা সাৰি যাব নোৱাৰে উকিলসকলেও হেনো তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰে সিতো হোলাৰ ভাই মোলাহে

কেচটো মাটি সংক্রান্তীয় পদকীয়া পক্ষ হ’ল ৰাজীৱৰ পেহীয়েক সৰলা সৰলা বিধৱা কেন্সাৰত আক্ৰান্ত হৈ পেহাক ৰঞ্জন চৌধুৰী অকালতে মৃত্যুক সাৱটি লৈছে ৰঞ্জন চৌধুৰী এজন সহজ-সৰল প্ৰকৃতিৰ আপোনভোলা মানুহ আছিল সদালাপী আৰু পৰোপকাৰী বুলিও তাৰ খ্যাতি আছিল তাৰ এটা বৰ বেয়া অভ্যাস আছিল- ধূমপান আৰু তামোলৰ প্ৰতি সি খুবেই আসক্ত আছিল প্রতিদিনে দুই মুঠাকৈ বিড়িৰ লগতে সি বিছ পঁচিছ খিলাকৈ তামোল খাইছিল

ৰাজীৱে এদিন পেহাকৰ বিড়ি আৰু তামোল খোৱাৰ অৱস্থা দেখি কৈছিল- পেহা, এনেকৈ বিড়ি-পাণ খালে দেখোন আপোনাৰ হাওঁফাওঁ নষ্ট হৈ যাব!

পেহাকে চকু ঘোপা কৰি ৰাজীৱৰ ফালে চাই হাঁহি মাৰি কৈছিল- একো নহয় যোৱা, আজিলৈ বিছ বছৰে দেখোন এনেকৈয়ে খাই আছো, একো হোৱা নাই দেখোন মানুহ-দুনুহ ঘৰলৈ আহিলে কিহেৰেনো আপ্যায়ন কৰিবা! এচালি তামোল আৰু বিড়ি এডাল যাচিব নোৱাৰিলে সন্মান ক’ত ৰ’ব? তামোল-পাণৰ বাৰী চায়ে দেখোন আমাৰ অসমীয়া মানুহৰ অৱস্থাৰ বুজ লোৱা হয়

কেইদিনমান আগতে ৰাজীৱে আলোচনী এখনত বিড়িৰ অপকাৰিতাৰ বিষয়ে এটা প্ৰৱন্ধ পঢ়িছিল প্ৰৱন্ধটোত লেখামতে বিড়িৰ তামুকত হেনো নিকোটিন নামৰ এবিধ পদার্থ থাকে পাঁচডাল বিড়িত যি পৰিমাণৰ নিকোটিন থাকে সেইখিনি যদি একেলগ কৰি এজন মানুহৰ শৰীৰত ইনজেকশ্বনেৰে সুমুৱাই দিয়া হয় তেনেহ'লে মানুহজন হেনো থিতাতে মৰি থাকিব

ৰাজীৱে কথাটো পেহাকক কথাটো বুজাই কোৱাত পেহাকে ভ্রূটোৰ কোঁচাই কৈছিল- থোৱা থোৱা তোমাৰ গছত গৰু উঠা কথা! পাঁচডাল বিড়িৰ নিকোটিনতে এজন মানুহ মৰিব! আজিেৈলকে দেখোন কিমান হাজাৰ বিড়ি খালো, একো দেখোন হোৱা নাই?

চোৰে নুশুনে ধৰ্মৰ বাণী! সেয়ে উপদেশ দিয়া বৃথা বুলি ভাবি ৰাজীৱে পৰাজয় স্বীকাৰ কৰি পেহাকৰ ওচৰৰ পৰা আঁতৰি আহিব লগা হৈছিল

দুবছৰমান পাছতে পেহাকৰ কেন্সাৰ ধৰা পৰিল চিকিৎসাপাতি পাৰেমানে কৰালে প্রথমে বেজ-কবিৰাজ, পাছত ডাক্তৰৰ চিকিৎসা এনেকি মাটি বিক্ৰী কৰি ভেলোৰলৈ গৈয়ো চিকিৎসা কৰালে; কিন্তু সকলো অথলে গ’ল, অসুখ ভাল নহ' অৱশেষত নিয়তিৰে জয় হ’ল

পেহাক ঢুকাল পেহাক ঢুকোৱাৰ পাছতে লাগিছে গণ্ডগোলটো

ৰঞ্জন চৌধুৰাহঁত দুজন ককায়েক-ভায়েক আছিল ৷ ৰঞ্জন চৌধুৰী আৰু বিমল চৌধুৰী ৰঞ্জন চৌধুৰী ডাঙৰ আৰু বিমল চৌধুৰী সৰু এটা দাগতে সিহঁতৰ বাৰ বিঘা মাটি আছিল ককায়েক-ভায়েক পৃথক হোৱাৰ সময়ত সমাজ বিদ্যমানে সেই মাটি সিহঁতে দীঘে দীঘে সমানে সমানে ভাগ কৰি লৈছিল ৰঞ্জন চৌধুৰীৰ কেন্সাৰ হোৱাত চিকিৎসাৰ কাৰণে তাৰে পৰা তিনি বিঘা মাটি ভায়েক বিমল চৌধুৰীৰ ওচৰত বিক্ৰী কৰিছিল ৰঞ্জন চৌধুৰী অসুস্থ থকাৰ কাৰণে সেই মাটি তেতিয়া ৰেজিষ্ট্ৰি দিয়া নাছিল এখন ঘৰুৱা দলিল কৰি মাটি বিক্ৰীৰ সন্মতিহে দিছিল মাথোন মাটি ৰেজিষ্ট্ৰ নিদিয়াকৈ ৰঞ্জন চৌধুৰীৰ মৃত্যু হয় ঘৰুৱা দলিল কৰাৰ সময়ত এটা ডাঙৰ ভুল কৰিছিল- তাত মাটিৰ চৌহদ উল্লেখ কৰা নাছিল এই ভুলৰ সুযোগ লৈ ৰঞ্জন চৌধুৰীৰ মৃত্যুৰ পাছত বিমল চৌধুৰীয়ে মিছা সাক্ষী গোটাই দলিল জাল কৰি মণ্ডল- কাননগোক হাত কৰি পথালিয়ে পথালিয়ে দাগ কাটি ভেটিৰ ফালৰ পৰা পাঁচ বিঘা মাটি নিজৰ নামত নামজাৰি কৰি লৈছে আৰু পথাৰৰ পৰা এবিঘা খেতিৰ মাটিহে মাথোন পেহীয়েকহঁতৰ নামত নামজাৰি কৰি দিছে পেহীয়েকহঁতৰ ভাগত পৰা মাটিডৰা দ মাটি তাত বসতি কৰাৰ সুবিধা নাই মাটিৰ মূল্যও বহুত কম

বিমল চৌধুৰীয়ে মাটি নামজৰি কৰিয়ে সৰলা পেহীক মাটি এৰি দিবলৈ তাগিদা দিছিল কিন্তু পেহীয়েকে মাটি এৰি দিবলৈ সন্মত নোহোৱাত বিমল চৌধুৰীয়ে আদালতত গোচৰ তৰিছে ইতিমধ্যে সাক্ষী-বাদী হৈ গৈছে গোচৰৰ ৰায় বিমল চৌধুৰীৰ স্বপক্ষে যাব বুলি

ইতিমধ্যে এটা জনৰৱো উঠিছে বিমল চৌধুৰী হাত দীঘল অঘাইতং প্ৰকৃতিৰ মানুহ সাধাৰণ কথাত মাৰপিট কৰাত সিদ্ধহস্ত গতিকে গাঁৱৰ মানুহে তাক সমীহ কৰি চলে সেয়ে প্রকৃত ঘটনা বহুতে জানে যদিও কোনেও পেহীয়েকৰ স্বপক্ষে সাক্ষী দিবলৈ আগবাঢ়ি আহিবলৈ সাহস গোটাব পৰা নাই

কেচটো লৈ পেহীয়েক মহা বিপাঙত পৰিছে বহুতৰে হাতে-ভৰিয়ে ধৰিও নিজৰ ফলীয়া হৈ সাক্ষী দিয়াবলৈ কাকো সন্মত কৰাব পৰা নাই সেয়ে নিৰুপায় হৈ পৰহি ৰাজীৱৰ ওচৰলৈ আহি কন্দা-কটা কৰি গৈছে- তই বোলে উকিল হৈছ! পেহীয়েৰ মৰিল নে বাচিল তাৰ খবৰ লোৱাৰো তহঁতৰ আহৰি নাই পেহীয়েৰৰ আলাই-আথানি হ’লে তহঁতৰ কি আহে যায়! তহঁতকতো মই কোলাত-পিঠিত লৈ মানুহ কৰা নাই? এইদৰে কৈ পেহীয়েকে দুহাত ওপৰলৈ তুলি অদৃশ্য ভগবানক উদ্দেশ্য কৰি অভিযোগৰ সুৰত কৈছিল- ভগবান কণা! ভগবানৰ চকু নাই ধনীৰহে ভগবান দুখীয়াৰ কোনো নহয়

এইদৰে মুখত যি আহে তাকে কৈ পেহীয়েকে বিনাবলৈ আৰম্ভ কৰিছিল

ৰাজীৱে গোচৰৰ বিষয়ে শুনিছিল যদিও সবিশেষ জনা নাছিল সেয়ে সি সুধিছিল- বৰ্তমান কেচৰ অৱস্থা কি?

পেহীয়েকে মোকদমাৰ নথি-পত্ৰ ৰাজীৱৰ হাতত দি কৈছিল- ইয়াত সকলো লেখা আছে এতিয়া কি কৰিবি কৰ ভেটিৰপৰা উচ্ছেদ হ’লে ল’ৰা-ছোৱালীহাললৈ মই ক’ত থিয় দিম?

ৰাজীৱ আইনৰ প্ৰথমবৰ্ষৰ ছাত্র ডেকা তেজ অন্যায় দেখিলে ডেকা তেজ স্বাভাৱিকতে উত্তাল হৈ উঠে আৰু ভাল কিবা এটা কৰাৰ প্ৰৱণতা জাগি উঠে ডেকাতেজৰ ধৰ্ম অনুসৰিয়ে পেহীয়েকৰ বিৰুদ্ধে হোৱা অন্যায়ৰ কথা শুনি ৰাজীৱৰ ডেকাতেজ উত্তাল হৈ উঠিছিল আৰু সি কিবা এটা কৰিব বুলি আশ্বাস দি পেহীয়েকক সিদিনা ঘৰলৈ পঠাই দিছিল পেহীয়েকৰ কাৰণে কিবা এটা কৰাৰ উদ্দেশ্যেই সি কালি কেচৰ নথি-পত্ৰলৈ সিহঁতৰ আইন কলেজৰ দুজন জ্যেষ্ঠ প্ৰৱক্তাৰ ওচৰলৈ বুজা-মেলা কৰিবলৈ গৈছিল নথি-পত্ৰ চাই প্ৰৱক্তাদ্বয়ে কেচ গুচৰীয়াৰ স্বপক্ষে যাব বুলি মতপোষণ কৰিছে সি নিজেও নথি-পত্ৰ চাই তাৰ সীমিত জ্ঞানেৰেও কেচটো পেহীয়েকৰ বিপক্ষে যাব বুলি ধাৰণা কৰিবলৈ বাধ্য হৈছে সেয়ে শেষত হতাশ হৈ সি মেজিষ্ট্রেট চাহাবৰ ওচৰলৈ গৈ প্ৰকৃত ঘটনা ভাঙি-পাতি কোৱাৰ বাবে সিদ্ধান্ত লৈছে প্রকৃত ঘটনা শুনাৰ পাছত কিজানি মেজিষ্ট্রেট চাহাব সদয় হয়েই!

ৰাজীৱ মেজিষ্ট্রেট চাহাবৰ বঙলালৈ আহি দেখিলে বঙলাৰ গেট খোলা চৌহদৰ ভিতৰত মেজিষ্ট্রেট চাহাবৰ ড্ৰাইভাৰে গাড়ী মচি আছে ড্ৰাইভাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সি প্ৰয়োজনতকৈও অধিক জোৰে গলখেকাৰি মাৰিলে সি আশা কামতেই ড্রাইভাজনে তাৰ ফালে মূৰ তুলি চালে আৰু কোনো ধৰণৰ অনুমতি অবিহনেই ৰাজীৱ পোনে পোনে চৌহদৰ ভিতৰলৈ সোমাই আহিল ড্ৰাইভাৰৰ ওচৰলৈ আহি সি সেমেনা-সেমেনি কৰি সুধিলে- হুজুৰ আছে নেকি?

অনুমতি নোলোৱাকৈ অনাহূতভাবে চৌহদৰ ভিতৰলৈ সোমাই অহাত ড্ৰাইভাৰৰ্জন কিছু পৰিমাণে বিৰক্ত আৰু বিস্মিত হৈছিল সেয়ে সি ৰাজীৱৰ ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰি অনুসন্ধিৎসু দৃষ্টিত ৰাজীৱৰ ফালে চাই ক’লে- আছে পূজা কৰি আছে কি সকামতনো আহিছে?

ৰাজীৱে বিব্ৰত কণ্ঠত ক'লে- হুজুৰৰ লগত জৰুৰী কথা আছে

এনেতে মেজিষ্টট চাহাব বাৰাণ্ডালৈ ওলাই আহিল ড্রাইভাৰে বাৰাণ্ডাৰ ফালে দৃষ্টি প্ৰসাৰিত কৰি ক'লে- সৌৱা, হুজুৰৰ পূজা শেষ হ’লেইযাওঁক

ৰাজীৱে বাৰাণ্ডাৰ ফালে দৃষ্টি প্ৰসাৰিত কৰিলে খালী ভৰি উদং গাৰে চুটি-চাপৰ সৌম্যদৰ্শন এজন মানুহ বাৰাণ্ডাত থিয় দি থকা তাৰ চকুত পৰিল মানুহজনে ধুতিৰ এটা আঁচল পিন্ধি আছিল আৰু আনটো আঁচল গাত মেৰিয়াই আছিল

মানুহজন সিহঁতৰ ফালেই চাই আছিল সেইজনেই যে সি বিচাৰি অহা মেজিষ্ট্রেট চাহাব এই কথা উপলব্ধি কৰিবলৈ ৰাজীৱৰ অসুবিধা নহ' এক অজান ভয়ত তাৰ বুকু দুৰুদুৰুকৈ কঁপিবলৈ ধৰিলে মনে মনে ইষ্টনাম স্মৰণ কৰি সি দুহাত তুলি নমস্কাৰ জনালে

মেজিষ্ট্রেট চাহাবে নমস্কাৰৰ সঁহাৰি জনাই ক'লে- কিবা কথা লৈ আহিছিল নেকি? আহক, বহকহি

মেজিষ্ট্রেট চাহাবৰ আহ্বানত ৰাজীৱ স্বপ্নচালিতৰ দৰে বাৰাণ্ডালৈ উঠি আহিল ৷মেজিষ্ট্রেট চাহাবে চকী এখনলৈ আঙুলিয়াই ক’লে-বহক

ৰাজীৱে বহিবলৈ ইতস্ততঃ কৰা দেখি মেজিষ্ট্রেট চাহাবে পুনৰ ক'লে- ইমান সংকোচ কৰিছে কিয়? বহক

মেজিষ্ট্রেট চাহাবৰপৰা অভয় পাই ৰাজীৱ সংকুচিতভাবে চকীত বহিল

মেজিষ্ট্রেট চাহাবে আন এখন চকীত বহি ক'লে- বেয়া নাপাব বাৰাণ্ডাতে বহিলো ৰাতিপুৱা বাৰাণ্ডাত বহি ভাল লাগে পিচে, কওঁকচোন কি সকামত আহিল?

মেজিষ্ট্রেট চাহাবৰ আড়ম্বৰহীন ব্যৱহাৰত ইতিমধ্যে ৰাজীৱৰ মনৰ পৰা ভয় ভাব বহু পৰিমাণে আঁতৰি গৈছিল সেয়ে মেজিষ্ট্রেট চাহাবৰ পৰা অনুমতি পাই ৰাজীৱে নিজৰ পৰিচয় দি অকপটে পেহীয়েকৰ সমস্যাৰ কথা মেজিষ্ট্রেটৰ আগত বিৱৰি ক'লে

মেজিষ্ট্রেট চাহাবে ৰাজীৱৰ কথাবোৰ মনযোগেৰে শুনি সন্দিগ্ধ কৌতূহলী দৃষ্টিত ৰাজীৱৰ ফালে চাই ক'লে- আপোনাৰ পেহীয়েকৰ সমস্যাৰ কথা শুনিলো আপুনি কোৱা কথাবোৰ যদি সঁচা হয়, তেনেহ'লে সঁচাকৈয়ে বৰ অন্যায় হৈছে এইদৰে মন্তব্য কৰি মেজিষ্ট্রেট চাহাবে সুধিলে- পিচে, কওঁকচোন মোৰ ওচৰলৈ কিয় আহিল? কোনোবাই আহিবলৈ পৰামৰ্শ দিছিল নেকি?

মেজিষ্ট্রেট চাহাবৰ আন্তৰিক ব্যৱহাৰত ৰাজীৱৰ মনটো ইতিমধ্যে আপ্লুত হৈ উঠিছিল যি অলপ-অচৰপ অস্বস্তিৰ ভাব আছিল মেজিষ্ট্রেট চাহাবৰ প্ৰশ্নত সেয়াও নাইকীয়া হৈ গ' সেয়ে সি স্বাভাৱিক কণ্ঠত ক’লে- নাই নাই, কোনেও আহিবলৈ পৰামৰ্শ দিয়া নাই, মই নিজেই আহিছোঁ পেহীৰ কন্দা-কটা দেখি বৰ বেয়া লাগিল সেয়ে মই নিজেই সিদ্ধান্ত লৈছিলো আপোনাৰ ওচৰলৈ আহিবলৈ

মেজিষ্ট্রেট চাহাবে ৰাজীৱৰ স্পষ্টবাদিতাৰ প্ৰশংসা কৰি ক'লে- আপোনাৰ স্পষ্টবাদিতাত মই অভিভূত হৈছো বেয়া মানুহ বুলি মোৰ দুৰ্ণাম এটা আছে সেয়ে বেলেগ মানুহ অহাতো দূৰৰে কথা পৰাপক্ষত উকিল-মহৰি সকলো মোৰ ওচৰলৈ নাহে আজি হয়তো মই কিঞ্চিত হ’লেও সেই দুৰ্ণামৰ পৰা মুক্ত হ’লো আমি আইনৰ ৰক্ষক সেই হিচাপে আমি কেতিয়াবা কিছু কঠোৰ হ’ব লগা হয় কঠোৰ নহলে বহু সময়ত বহুতে ভুল বাটত পৰিচালনা কৰিবলৈ যত্ন কৰে মেজিষ্ট্রেট হ’লেও আমিওতো মানুহ ভুল আমাৰো হ'ব পাৰে এইদৰে কৈ খন্তেক ৰৈ পুনৰ ক'লে- আচলতে সৎ মানুহে কাকো ভয় কৰা উচিত নহয় মই আপোনাৰ পেহীয়েকৰ বেদনা উপলব্ধি কৰিব পাৰিছোঁ এতিয়া কেচৰ বিষয়ে মই একো নকওঁ সাক্ষী-বাদী ইতিমধ্যে হৈ গৈছে এতিয়া মাথোন আৰগুমেণ্ট হ’বলৈহে বাকী আছে আৰগুমেণট হৈ গ'লে আপুনি মোৰ লগত দেখা কৰিব তেতিয়া আপোনাক জনাম মই কি কৰিব পাৰিম

ৰাজীৱ উৎফুল্লিত হৈ মেজিষ্ট্রেট চাহাবৰ বঙলাৰপৰা ওলাই আহিল তাৰ ভাব হ’ল, যেন সি ৰাজ্যজয় কৰিহে উভতিল কিন্তু আগুমেণ্টৰ তাক পুনৰ আহিবলৈ কোৱাৰ আঁৰৰ ৰহস্য কি! তেনেকৈ কৈ মেজিষ্ট্রেট চাহাবে তাক কি ইংগিত কৰিলে! তাৰ পৰা বিনিময় আশা কৰা নাইতো মেজিষ্ট্রেট চাহাবে! এইদৰে এশ এবুৰি প্ৰশ্ন তাৰ মনৰ মাজত ভূমুকি মাৰিলে৷ শেষত বাটে বাটে আহোঁতে বহু গুণাগঁথা কৰাৰ পাছত সি সিদ্ধান্ত ল’লে-বিনিময়ৰ আশা কৰক বা নকৰক আৰগুমেণ্টৰ পাছত পুনৰবাৰ আহোঁতে সি মেজিষ্ট্রেট চাহাবৰ কাৰণে এটা ডাঙৰ মাছ আৰু এহেজাৰ টকা লৈ আহিব

পোন্ধৰ দিনমান পাছত কেচৰ আৰগুমেণ্ট হৈ গ' আগতে ভাবি থোৱা মতে সি পাছদিনাই এটা ডাঙৰ ৰৌমাছ আৰু এহেজাৰ টকালৈ মেজিষ্ট্রেট চাহাবৰ বঙলালৈ আহিল ৰাজীৱে ড্ৰাইভাৰ্জনক গেটৰ মুখতে লগ পালে ড্রাইভাৰে তাক চিনিবও পাৰিলে ড্রাইভাৰে উপযাচিযে সুধিলে- হুজুৰক লাগে নেকি?

ৰাজীৱে ড্ৰাইভাৰৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতেই মেজিষ্ট্রেট চাহাব বাৰাণ্ডালৈ ওলাই আহিল ৷ দুয়ো উৎসাহিতহৈ বাৰাণ্ডাৰ ফালে আগবাঢ়ি আহিল

মেজিষ্ট্রেট চাহাবেও ৰাজীৱক চিনিব পাৰিলে তেওঁ ৰাজীৱৰ হাতত মোনা দেখি সুধিলে- মোনাত কি আনিছে?

ৰাজীৱে সেমেনা-সেমেনি কৰি ক'লে- মাছ হুজুৰ ৰৌ মাছ আমাৰ পুখুৰীৰ আপোনাৰ কাৰণে আনিছো

মেজিষ্ট্রেট চাহাবে ভ্রূযোৰ কোঁচাই শান্ত সমাহিত কণ্ঠত ক’লে- মইতো মাছ নাখাওঁ নাজানি-নুশুনি মাছ আনিবলৈ গ'ল কিয়?

ৰাজীৱ অস্বস্তিত পৰিল সেমেনা-সেমেনি কৰি ক'লে- নাজানি আনিলো এতিয়া কি কৰো, হুজুৰ

ৰাজীৱৰ অসহৰায় অৱস্থা প্রত্যক্ষ কৰি মেজিষ্ট্রেট চাহাবৰ হৃদয়ত অনুকম্পা উপজিল তেওঁ ড্ৰাইভাৰক উদ্দেশ্য কৰি ক'লে- শ্যামল, তুমিটো মাছটো লৈ যোৱাগৈ পৰিয়াল লৈ খাব পাৰিবা

মেজিষ্ট্রেট চাহাবৰ অনুমতি পাই শ্যামল উৎফুল্লিত হৈ ৰাজীৱৰ হাতৰপৰা মাছটো লৈ এক প্ৰকাৰ দৌৰিয়ে বঙলাৰ পৰা ওলাই গ'

মেজিষ্ট্রেট চাহাব আৰু ৰাজীৱ বাৰাণ্ডাত বহিল মেজিষ্ট্রেট চাহাবেই প্রথমে আৰম্ভ কৰিলে- বিচাৰকৰ ওচৰত দয়া-মমতা-আবেগৰ কোনো স্থান নাই সাক্ষী-বাদীৰ ওপৰত গুৰুত্ব দিহে বিচাৰৰ ৰায় দিয়া হয় তথাপি মই আপোনাৰ কথাত বিশ্বাস আৰু কেচৰ গতি-প্রকৃতিলৈ লক্ষ্য কৰি আপোনাৰ পেহীয়েকৰ স্বপক্ষেই কেচটোৰ ৰায় দিবলৈ সিদ্ধান্ত লৈছো গুচৰীয়াই মিছা সাক্ষ্য প্রমাণেৰে কেচটো ইমান নিখুঁতকৈ সজাইছে যে, মানৱতাৰ বাহিৰে আইনৰ কোনো সুৰঙাৰে আপোনাৰ পেহীয়েকৰ স্বপক্ষে ৰায় দিয়াটো সম্ভৱ নহয়

মেজিষ্ট্রেট চাহাবৰ কথা শুনি ৰাজীৱ উচ্ছ্বসিত হৈ উঠিল স্থান-কাল-পাত্ৰৰ কথা পাহৰি সি পকেটৰপৰা দহটকীয়া নোটৰ বাণ্ডিলটো উলিয়ালে ৰাজীৱৰ হাতত টকাৰ বাণ্ডিল দেখি মেজিষ্ট্রেট চাহাব অগ্নি স্ফুলিঙৰ দৰে জ্বলি উঠিল তেওঁ আঙুলিৰে নিৰ্দেশ কৰি ক'লে- পকেটত ভৰাওঁক আপোনাৰ সাহস দেখি মই আচৰিত হৈছো আপুনি মোৰপৰা ন্যায় কিনিবলৈ আহিছে! এনেকুৱা হ’ব বুলি জানিলে ম‍ই কেতিয়াও আপোনাক প্রশ্রয় নিদিলোহেঁতেন কোনে কৈছে মই উৎকোচ লওঁ বুলি?

মেজিষ্ট্রেট চাহাবৰ অগ্নিমূৰ্ত্তি দেখি ৰাজীৱ ভয়ত পেঁপুৱা লাগিল৷ তাৰ মুখৰ মাত হৰিল হৃদ স্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ' মেলেৰীয়া ৰোগীৰ দৰে সি ঠক্ ঠক্‌কৈ কঁপিবলৈ ধৰিলে সি কোনোমতে সেপ ঢুকি ক’লে- আজি-কালি সকলোতে এইবোৰ চলে কাৰণে মই নিজেই চিন্তা কৰি লৈ আহিছিলো মোক ক্ষমা কৰিব, হুজুৰ মোৰ অন্যায় হৈছে

ৰাজীৱৰ নিৰ্ভীক স্বীকাৰোক্তিত মেজিষ্ট্রেট চাহাব কিছু পৰিমাণে শান্ত হ’ল তেওঁ গভীৰ আত্মপ্রত্যয়েৰে উপদেশৰ সুৰত ক'লে- যুগ হিচাপে আপুনি ঠিকেই কৰিছে মানুহে মূল্যবোধ, ন্যায়-নীতিৰ কথা পাহৰি ধনৰ কাৰণে বলিয়া হৈছে মই এষাৰ কথাত বিশ্বাসী যে, মানুহ অমৰ নহয় জন্মিলে মৃত্যু অনিবার্য এয়া নিয়তিৰ অমোঘ বিধান তদুপৰি আমি মাটিৰ পৃথিবীৰহে বিচাৰক এক অদৃশ্য মহান বিচাৰকৰ ফালে আমি পলে পলে আগুৱাই হৈ আছো সমগ্র পৃথিবী এদিন নতজানু হৈ সেই মহান বিচাৰকৰ সন্মুখত থিয় দিব লাগিব ময়ো থিয় দিব লাগিব তেতিয়া যাতে মই ক’ব পাৰো- হে’ মহান সৰ্বশ্ৰেষ্ঠ বিচাৰক, তুমি মোৰ প্ৰতি ন্যায় কৰা

কথাবোৰ কওঁতে মেজিষ্ট্রেট চাহাব যেন গভীৰ উপলব্ধিৰ আলোক শিখাত উজলি উঠিল আৰু তেওঁৰ চকুযুৰি চল্‌চলীয়া হৈ উঠিল

আবেগত অভিভূত হৈ মেজিষ্ট্রেট চাহাবৰ অশ্রুসিক্ত চকুৰ ফালে চাই ৰাজীৱে ভাবিলে- এওঁলোকৰ দৰে মানুহৰ কাৰণেই হয়তো পৃথিবীখন ইমান পাপ-তাপ সহ্য কৰি কক্ষচ্যুত নোহোৱাকৈ বৰ্তি আছে

(এদিনৰ সংবাদত প্ৰকাশিত)

 

                   এটি নিশাৰ কাহিনী

চাৰি বছৰমান আগৰ ঘটনা বি এ ফাইনেল দিয়াৰ পাছত মই এনেয়ে ঘৰত বহি আছিলো এনেতে এদিন কলেজীয়া বন্ধু আকমলৰপৰা ফোন পালোঁ সিহঁতৰ গাঁৱত হেনো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰম্ভ কৰিছে অধ্যক্ষ সি নিজেই বিদ্যালয়খনৰ সহকাৰী শিক্ষকৰ এটা পদ খালী আছে ইচ্ছা কৰিলে তাত মই শিক্ষকতা কৰিব পাৰিম বুলি আকমলে মোক ফোনতজনাইছে ঘৰত কৰ্মহীনভাবে বহি থাকি মনটো উৰুঙা উৰুঙা লাগি আছিল কর্মহীন জীৱন এক অস্বস্তিকৰ জীৱন তাত ৰোমাঞ্চতো নায়ে, বিপৰীত পক্ষে লোকেও কিবা যেন এক আচহুৱা দৃষ্টিৰে চায়৷ তদুপৰি কলেজীয়া জীৱনৰ হৈ চৈ এৰি হঠাৎ গাঁৱৰ নিজম পৰিৱেশত মৰুভূমি বা কোনো অকলশৰীয়া দ্বীপত বাস কৰাৰ দৰে অনুমান হয় সেয়ে অফাৰটো পাই যেন মই হাতত সৰগ ঢুকি পালো অন্ততঃ অৱশৰ সময় কটোৱাৰ কাৰণে অৱলম্বন এটা পোৱা যাব তদুপৰি বি এ পাছ কৰিলেই যে চাকৰি পোৱা যাব তাৰোতো একো নিশ্চয়তা নাই কাৰণ আজি-কালি চাকৰি কিনা-বেচা হয় গতিকে ধন- বিত নথকা শিক্ষিতই চাকৰিৰ আশা কৰাটো দুৰাশাহে মাথোন ফলত চহৰ-নগৰ, গাঁও-ভূঁই সকলোতে শিক্ষিত নিৱনুৱাই ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলি নিৱনুৱা নামৰ অভিশাপৰপৰা মুক্তি পোৱাৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছে ব্যক্তিগত খণ্ডৰ হ’লেও চাকৰিয়েতো ! অন্ততঃ হাত-খৰচৰ কাণে মা-দেউতাৰ ওচৰত হাত পতাৰ প্ৰয়োজন নহ' এনেকি সামান্য হ'লেও প্ৰয়োজনত ঘৰখনক সকাহ দিবপৰা যাব! এইদৰে মনতে ভাবি পাছদিনাই মই আকমলহঁতৰ ঘৰলৈ বুলি ৰাওণা হ’লোঁ

আকমলহঁতৰ ঘৰ গাঁৱত আমাৰ ঘৰৰ পৰা বিছ-পঁচিছ কিলোমিটাৰ নিলগত যথা সময়ত আকমলহঁতৰ ঘৰ পালোহি আকমল ঘৰতে আছিল আকমলৰ লগত বিদ্যালয়খনৰ বিষয়ে আলোচনা হ'লোঁ বিদ্যালয়খনৰ এখন পৰিচালনা সমিতি আছে শিক্ষক নিয়োগৰ ক্ষেত্ৰত সমিতিয়ে আকমলক পূর্ণ স্বাধীনতা দিছে যদিও নিয়ম ৰক্ষাৰ কাৰণে সি মোক পৰিচালনা সমিতিৰ সভাপতিৰ ঘৰলৈ লৈ গ' আকমলৰ ওচৰত মোৰ বিষয়ে সকলো শুনি সভাপতিগৰাকীয়ে মোক পাঠদানৰ অনুমতি দিলে পাছদিনাই মই বিদ্যালয় লৈ গ'লো আকমলে মোক শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ-ছাত্ৰীৰ লগত পৰিচয় কৰাই দিলে কেইজনমান অভিভাৱিকাকো লগ পালো ছাত্র-ছাত্রী, অভিভাবিকাসকলৰ উৎসাহ-উদ্দীপনা দেখি মই সেইদিনাৰ পৰাই পাঠদান আৰম্ভ কৰিলো

আকমলহঁতৰ ঘৰতে থকা-খোৱাৰ বন্দৱস্ত হ’ল আকমলহঁতৰ অৱস্থাও সিমান ভাল নহয় খেতিৰ মাটি আছে পাঁচ বিঘামান তাৰেই কেলঢোপ কেলঢোপ কৰি সংসাৰখন চলে আকমলে দুটামান টিউচনো কৰে ঘৰ বুলিবলৈ দুটামান টিনপাতৰ ঘৰ আৰু এটা খ্ৰেীঘৰ খ্ৰেীঘৰটোতে আকমল থাকে ঘৰৰ বেৰবোৰ তৰ্জাৰ৷ এনেকি দৰজাখনো তৰ্জাৰ৷ লগালগিকৈ দুখন খাট এখনত আকমল নিজে থাকে আৰু আনখনত মোক থাকিবলৈ দিলে

মোক থাকিবলৈ দিয়া খাটখনৰ তলতে এটা কবৰ প্ৰায় বিছ-পঁচিছ বছৰ আগৰ কবৰ আকমলৰ খুড়ীয়েকৰ কবৰ সন্তান প্ৰসৱ কৰিবলৈ গৈ মৃত্যুমুখত পৰিছিল সিবাৰ প্ৰবল বানপানী হৈছিল খেতি-পথাৰ ৰাস্তা-ঘাট পানীৰ তলত গতিকে খুডীয়েকক ভেটিৰ ওপৰতে কবৰ দিব লগা হৈছিল অৱশ্যে কবৰটো তেতিয়া ঘৰৰ ভিতৰত দিয়া নাছিল খুড়াকৰ লগত মাটি ভাগ-বাটোৱাৰাৰ সময়ত কবৰ থকা ভূমিখণ্ড আকমলহঁতৰ ভাগত পৰিছে তাকৰীয়া মাটি কাৰণে আকমলহঁতে ঘৰটো কবৰৰ ওপৰতে বান্ধিব লগা হৈছে

কবৰৰ ওপৰত থাকিবলৈ অস্বস্তি পাম বুলি ভাবি আকমলে অৱশ্যে মোক তাৰ খাটখনতে শুৱলৈ কৈছিল অৱশ্যে কবৰৰ ওপৰত শুৱলৈ মোৰ মনত কিছু ভয়-ভাব সঞ্চাৰো হৈছিল কিন্তু নিজকে সাহসী বোলাবলৈ মই ক'লো- নাই নাই, একো নহয় কবৰহে ! কবৰটো দিয়াৰ সময়ত মৌলবীয়ে দোৱা-কালাম পঢ়িয়েতো দিছে! মুখত তেনেকৈ ক’লেও মনৰ মাজত অৱশ্যে ভয়-ভাব এটা থাকিয়ে গৈছিল পিছে আকমলৰ খাট একেলগে হোৱাৰ কাৰণে সেই ভয়-ভাবক বিশেষ প্রশ্রয় দিয়া নাছিলো

আকমলহঁতৰ ঘৰলৈ অহাৰ এসপ্তাহমান পাছৰ কথা লেঠা লাগিল সিদিনা সিদিনা আকমল মোমায়েকহঁতৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ খাবলৈ গৈছিল গতিকে সিদিনা মই অকলেই শুৱ লগা হৈছিল ঘৰটোত গতিকে অকলশৰীয়াকৈ শুৱ লগা হোৱাত আগৰ সেই ভয়-ভাব মহীৰূপ ৰূপ ধাৰণ কৰি মোৰ সমগ্ৰ সত্ত্বাক আচ্ছন্ন কৰি পেলালে কবৰটোৰ কথা যিমানে বেছি পাহৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলো সিমানেই যেন বেছিকৈ মনত পৰিবলৈ ধৰিলে কবৰৰ বাসিন্দাই যেন মোৰ ফালে ট টকৈ চাই আছে আৰু যিকোনো মুহূৰ্তত কবৰৰ তলিৰ পৰা উঠি আহি মোৰ ডিঙি চেপি ধৰিব— এনেকুৱা এটি ভাবে মোক আচ্ছন্ন কৰি তুলিলে এনেকুৱা দুশ্চিন্তাৰ মাজতে কোনো হানি-বিঘিনি নোহোৱাকৈ সময়বোৰ পাৰ হৈ আছিল কেতিয়া কেনেকৈ যে মোৰ টোপনি ধৰিছিল মই ক'ব নোৱাৰো

হঠাৎ কাৰোবাৰ হাতৰ পৰশত মই খক্‌মককৈ সাৰ পাই গ'লো কোনোবাই যেন মোৰ গাত ধৰি মৃদুভাবে জোকাৰি অনুচ্চ কণ্ঠেৰে মাতি আছিল- হেৰি, টোপনি গ'ল নেকি?

ৰিণিকি ৰিণিকি যেন মোৰ কাণত পৰি আছিল সেই আহ্বান কবৰৰ বাসিন্দাই মতা নাইতো মোক! কথাটো ভাবোতেই মেলেৰীয়া ৰোগীৰ

দৰে মোৰ সৰ্বশৰীৰ ঠক্ঠক্‌কৈ কঁপিবলৈ ধৰিলে কিন্তু কঁপাৰ সাহসকণো যেন হেৰুৱাই পেলালো মই চকু মেলি চাবলৈও মই সাহস গোটাব নোৱাৰিলোঁ চকু মুদি উশাহ-নিশাহ বন্ধ কৰি মৰাৰ দৰে পৰি থাকিলো কেইটামান মুহূর্ত মোৰ অৱস্থা প্রত্যক্ষ কৰি আগন্তুকো হয়তো অস্বস্তিত পৰিছিল সেয়ে আগন্তুকে আগতকৈ কিছু উচ্চকণ্ঠত মাতিলে- হেৰি, ভয় কৰিছে নেকি? ভয় কৰিব নালাগে মইহে

নাৰীকণ্ঠ নাৰীকণ্ঠৰ অভয়জনিত মাতত মোৰ মনৰ ভয়-ভাব কিছু পৰিমাণে আঁতৰি গ' খপ্‌জপ্‌কৈ বিছনাত উঠি বহি দিয়াচলাইটো গাৰুৰ তলৰপৰা উলিয়াই কঁপা কঁপা হাতেৰে দিয়াচলাইৰ কাঠী জ্বলালোঁ দিয়াচলাইৰ কাঠীৰ পোহৰত মই মোৰ মূৰ শিতানৰ ফালে এজনী গাভৰুক থিয় দি থকা প্ৰত্যক্ষ কৰিলোঁ

গাভৰুজনীক মই চিনিবও পাৰিলো প্রথমদিনা আহোঁতেই মই গাভৰুজনীক লগ পাইছিলোঁ গাভৰুজনীৰ বয়স পঁচিছ-ছাব্বিছৰ ভিতৰত দেখিবলৈকো ধুনীয়া—— পকা কমলা টেঙাৰ দৰে গাৰ বৰণ হৰিণাৰ দৰে ডাঙৰ বহল চকু মূৰত একোঁছা ঘন দীঘল ক’লা চুলি ভাদমহীয়া ভৰা নদীৰ দৰে দেহত যৌৱনৰ পোহাৰ প্রথমদিনা দেখাৰ পাছৰে পৰা দিনত অন্ততঃ দুবাৰকৈ মই গাভৰুজনীক সিহঁতৰৰ ঘৰৰ সন্মুখৰ কদৈঁজোপাৰ তলত বহি থকা দেখিছোঁ কদৈজোপা আকমলহঁতৰ ঘৰলৈ অহাৰ বাটতে পৰে সেয়ে স্কুললৈ অহা-যোৱা কৰাৰ সময়ত প্রতিদিনে মই লগ পাই আহিছো গাভৰুজনীক

গাভৰুজনীৰ নাম ৰুমিদা আকমলৰ খুড়াকৰ ছোৱালী বিয়াও হৈছে গিৰিয়েকে গুজৰাটত ঔষধ কোম্পানীত চাকৰি কৰে বিয়াৰ পাছত তাই কিছুদিন গিৰিয়েকৰ লগত গুজৰাটতে আছিল কিন্তু হঠাৎ কি জানো হ’ল! ৰাংঢালী ছোৱালীজনী হঠাৎ গহীন-গম্ভীৰ হৈ পৰিল তিনিমাহ আছিল তাই গুজৰাটত তিনিমাহ পাছত তাই মাক-দেউতাকৰ ঘৰলৈ আহিল; কিন্তু পুনৰ তাই গিৰিয়েকৰ লগত যাবলৈ অমান্তি হ’ল তেতিয়াই পৰা তাই দুমাহ ধৰি মাক-দেউতাকৰ লগতে আছে গিৰিয়েকে অৱশ্যে তাইক তাৰ লগত থাকিবলৈ নিয়াৰ কাৰণে লাগি

আছে; কিন্তু তাই গিৰিয়েকৰ লগত থাকিবলৈ নাযায় বুলি স্পষ্ট ভাষাত জনাই দিছে তাই গিৰিয়েকৰ লগত থাকিবলৈ নোযোৱাৰ উদ্দেশ্য আটায়ে অজ্ঞাত এই সম্পৰ্কে সুধিও তাইৰপৰা কোনেও কোনো সদুত্তৰ পোৱা নাই বেছি জোৰ দিলে কয়- নাযাওঁ বুলিছো, নাযাওঁ তেওঁৰ একো দোষ নাই দোষ মোৰ কপালৰহে বেছি দিগদাৰী কৰিলে মই চিপলৈ আত্মঘাতী হ’ম শিক্ষিতা ছোৱালী হায়াৰ চেকেণ্ডাৰী পাছ গতিকে মাক-দেউতাকেও এতিয়া বিশেষ জোৰ নিদিয়া হৈছে সময়ত সকলো ঠিক হৈ যাব বুলি আশা পালি আছে আটায়ে এইবোৰ কথা মই আকমলৰ মুখৰপৰা শুনিছোঁ

দুদিমান আগতে ৰুমিদাই মোক কিতাপ এখনো দিছে সিদিনা স্কুলৰ পৰা আহি জা-জলপান কৰি বিছনাত এনেয়ে অলসভাবে শুই আছিলো এনেতে ছয়-সাত বছৰীয়া ল’ৰা এজন আহি মোক এখন কিতাপ যাচিলে মই কৌতুহল বশতঃ সুধিলো- কিতাপ! কোনে দিলে কিতাপ?

ল’ৰাজনে কিবা কোৱাৰ আগতইে বেৰৰ সিপ্ৰান্তৰ পৰা ৰুমিদাই ক'লে- ময়ে দিছোঁ ভাল উপন্যাস পঢ়ি ভাল লাগিব

মই বিশেষ আপত্তি নকৰাকৈ ল’ৰাজনৰ হাতৰপৰা কিতাপখন লৈ চালো, হিতেশ ডেকাৰ ভাড়াঘৰ উপন্যাস পঢ়াৰ প্ৰতি মোৰ আগৰে পৰাই আগ্রহ আছে ছাত্ৰাৱস্থাতো মই বহু উপন্যাস পঢ়িছোঁ গতিকে উপন্যাসখন পাই খুবেই ভাল পালো কিতাপখন দিয়াৰ পাছৰে পৰা মই ৰুমিদাৰ প্ৰতি বিশেষ আকর্ষণ অনুভব কৰি আছোঁ কিন্তু আজি নিশা হঠাৎ এনেকৈ মোৰ শোৱনি কোঠালৈ সোমাই অহাত মই ৰোমাঞ্চিত হোৱাৰ পৰিৱৰ্ত্তে খুবেই সন্ত্রস্ত হৈ উঠিলোঁ

ততাতৈয়াকৈ মই লেম্পটো জ্বলালো লেমৰ পোহৰ পৰি ৰুমিদাৰ মুখমণ্ডল ৰঙা হৈ উঠিল৷ ৰঙা হৈ উঠাৰ কাৰণ লাজ, নে লেমৰ পোহৰ সেয়া ভালদৰে বুজা নগ' তাইৰ শৰীৰৰ পৰা আতৰৰ সুবাস ভাহি আহি আছিল ঘৰখন সেই সুবাসত আমোলমোলাই আছিল ইমান নিভৃতে অকলশৰীয়াভাবে এজনী ভৰ যৌৱনা ছোৱালীৰ সান্নিধ্য লাভ মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল সেয়ে ৰুমিদাৰ উপস্থিতিয়ে মোক মোহাচ্ছন্ন কৰি তুলিলে কিন্তু পাছমুহূর্ততে মই সজাগ হৈ উঠিলোঁ কল্পনাৰ জগতৰপৰা মই বাস্তৱলৈ ঘূৰি আহিলোঁ ফুলো কেতিয়াবা কাঁইটৰ দৰে বিন্ধিব পাৰে বুলি মই শুনিছিলোঁ এগৰাকী বিবাহিতা গাভৰু ইমান ৰাতি অকলে মোৰ লগত! মানুহে জানিলে কি বুলি ক’ব? সেয়ে মই ৰুমিদাক উদ্দেশ্য কৰি অনুৰোধৰ সুৰত ক’লো- চাওক, মই ইয়ালৈ শিক্ষকতা কৰাৰ কাৰণে আহিছো৷ এজনী গাভৰুক ইমান ৰাতি মোৰ লগত এনেকৈ নিভৃতে দেখিলে মানুহে কি বুলি ভাবিব? আমাৰ মন যিমানেই পবিত্র নাথাকক কিয়, কাইলৈয়ে আমি গাঁৱখনত চৰ্চাৰ বিষয়বস্তু হৈ পৰিম জানেইতো আজি-কালিৰ মানুহৰ মানসিকতা!

আপুনি ইমান ভয় কৰিছে কিয়? মই ইয়ালৈ অহাটো কোনেও গম পোৱা নাই

হ’লেও আপুনি যাওকগৈ মই অনুৰোধৰ সুৰত ক’লো- আপোনাক মই কাবৌ কৰিছোঁ মোৰ বৰ ভয় লাগিছে

মই এটা বিশেষ কথাৰ কাৰণে আপোনাৰ ওচৰত পৰামৰ্শ বিচাৰি আহিছোঁ আপোনাক লগ পোৱাৰ কাৰণে মই কেইদিনমানৰপৰা ছেগ চাই আছো কিন্তু প্রতিবাৰতে আপোনাক আকমলৰ লগত লগ পাইছো

মোৰ লগত আপোনাৰ এনে কি বিশেষ কথা আছে যে, যি কথা আপুনি আকমলৰ সন্মুখত ক’ব পৰা নাই?

মাথোন আকমলে নহয়, আজিলৈ দুই মাহে মই কথাটো কাৰো আগত প্ৰকাশ কৰা নাই আপোনাক দেখি মোৰ ধাৰণা হৈছে যে, আপোনাৰ ওচৰত কথাটো প্ৰকাশ কৰিলে কিবা নহয় কিবা সদুত্তৰ নিশ্চয় পাম ৰুমিদাই ক’বলৈ ধৰিলে- আপুনি নিশ্চয় আকমলৰ মুখৰপৰা ইতিমধ্যে মোৰ বিষয়ে কিছু কথা শুনিছেই! মোৰ বিয়া হোৱাটো সঁচা স্বামীৰ সংগ ত্যাগ কৰি গুচি অহা কথাটোও সঁচা কিন্তু কি কাৰণত মই স্বামীৰ সংগ ত্যাগ কৰি গুচি আহিছো, এই বিষয়ে বেলেগে জনাতো দূৰৰে কথা মোৰ স্বামীয়েও নাজানে আচলতে মোৰ স্বামী এইডছ্‌ৰ দ্বাৰা

আক্রান্ত মোৰ দেহতো এইডৰ বীজাণু সংক্রমিত হ’ব পাৰে বুলি মই স্বামীৰ সংগ ত্যাগ কৰি গুচি আহিছে৷ অৱশ্যে মোৰ কথা চিন্তা কৰি নহয়, পেটত থকা সন্তানটোৰ কথা চিন্তা কৰিহে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো কিন্তু মোৰ সন্দেহ হৈছে— মোৰ দেহতো হয়তো এইড বীজাণু সংক্রমিত হৈছে কিছু লক্ষণৰ পৰা মই এই কথা অনুমান কৰিছো অৱশ্যে মোৰ ধাৰণা ভুলো হ’ব পাৰে! গতিকে পৰীক্ষাৰ কাৰণে আপুনি মোক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব মই বেলেগ কিবা অসুখৰ কথা কৈ আপোনাৰ লগত ডাক্তৰৰ ওচৰলৈ যাম কথাটো আপুনি কাৰো আগত প্ৰকাশ নকৰিব এনেকি আজমলকো নক’ব কথাটো আমাৰ গাঁৱলীয়া মান্ধাতাকালীয়া সমাজ এইডছ্ হোৱা বুলি জানিলে আটায়ে লেই লেই ছেই ছেই কৰিব তেতিয়া মোৰ জীৱনটোৱে দুর্বিষহ হৈ পৰিব আকমল মোতকৈ তিনি বছৰৰ সৰু আকমলৰ বন্ধু হিচাপে আপুনি মোৰ ভাইটিৰ দৰে সেয়েহে বিশ্বাসত মই কথাটো আপোনাক ক'লো

ৰুমিদাৰ দুখৰ কাহিনী শুনি মই শিল পৰা কপৌৰ দৰে থৰ হৈ গ'লো মই সেপ ঢুকি দৃঢ়কণ্ঠত ক’লো-নকও বাৰু, এই বিষয়ে আপুনি চিন্তা কৰিব নালাগে এইদৰে নিশ্চয়তা দিয়ে মই আশ্বাসৰ সুৰত ক’লো- এইডছ্‌ হ’লেও আজি-কালি ঔষধ ব্যৱহাৰ কৰি কিছুমান নিয়ম-নীতিৰ মাজেৰে চলিলে সাধাৰণ জীৱন যাপন কৰা সম্ভৱ পেটত থকা সন্তানৰ দেহত যাতে বেমাৰৰ বীজাণু বিয়পিব নোৱাৰে তাৰ কাৰণেও প্রতিষেধক ঔষধ আছে এদিন দিন-বাৰ চাই ওলাব মই আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাম এইদৰে কোৱাৰ পাছত মই ক্ষমা খোজৰ ভংগীত ক’লো- আপোনাক ভুল বুজাৰ কাৰণে মই লজ্জিত

ৰুমিদাই কথাটো লঘুভাবে লৈ ক'লে- আপুনি তেজ-মঙহৰ ধৰ্মৰ কথা ভাবিছিল আচলতে তেজ-মঙহৰ ধৰ্মই যি কয় সেয়াই প্রকৃত সত্য মোৰ ক্ষেত্ৰত হ'লে ময়ো আপোনাৰ দৰেই ভাবিলোহেঁতেন এতিয়া সেইবোৰ চিন্তা এৰক মোক কোনদিনা ডাক্তৰৰ তালৈ লৈ যাব সেয়া কওক

পৰহি মানলৈ ওলাওক সিদিনা স্কুল বন্ধ আছে

সিদ্ধান্ত মর্মেই দুদিন পাছত মই ৰুমিদাক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলো ৷ ৰুমিদাই সন্দেহ কৰা মতে তাইৰ তেজত এইড বাজীণু ধৰাও পৰিছিল সন্তানটোৰ শৰীৰত যাতে বেমাৰৰ বীজাণু সংক্রমিত হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে ডাক্তৰে তাইৰ কাৰণেও ঔষধৰ ব্যৱস্থা কৰি দিছিল

ডাক্তৰৰ ওচৰৰ পৰা অহাৰ এমাহমান পাছত তাই গিৰিয়েকৰ লগত থাকিবলৈ আকমলক লৈ গুজৰাট লৈ বুলি ৰাওণা হৈ গৈছিল

(এদিনৰ সংবাদ- ২৮ আগষ্ট/২০১০)

 

           মাকৰ মন

নাই নাই, তাই আৰু ৰফিকৰ অতপালি সহ্য নকৰে পুতেক হ’ল বুলিনো তাই আৰু কিমান সহ্য কৰিব তাৰ অতপালি ! আগতে মানুহে তাক পুলিচৰ হাতত গতাইছিল, এইবাৰ তাই নিজেই গতাব পুলিচৰ হাতত এইদৰে সিদ্ধান্ত লৈ মহিমা বেওৱা উকীলৰ ঘৰলৈ বুলি ৰাওণা হ’ল উকিলৰ লগত তাইৰ ভাল চিনাকি ৰফিকৰ জামিনৰ কাৰণে ইতিমধ্যে তাই কে’বাবাৰো যাব লগা হৈছে উকিলৰ ঘৰলৈ

উকীলগৰাকী মানুহ হিচাপে ভাল বয়স কম সেয়ে তাইক খুড়ী বুলি মাতে কালিও তাই কেছৰ বিষয়ে আলোচনা কৰিবলৈ উকীলৰ ঘৰলৈ গৈছিল ৰফিকৰ অতপালিৰ বিষয়ে তাই ভাঙি-পাতি কৈও আহিছে উকীলৰ ওচৰত কিবা এটা গুৰুত্বপূৰ্ণ কেছ লৈ ব্যস্ত থকাৰ কাৰণে কালি কেছটো লেখিব পৰা নাই আজি লেখি দিব বুলি কৈ পঠাইছে তাইক

ৰফিক তাইৰ একমাত্র সন্তান ৰফিকৰ পাঁচ বছৰ বয়সতে তাৰ দেউতাক ঢুকাইছে দেউতাক ঢুকোৱাৰ পাছত লোকৰ ঘৰত চুৱাপাত ধুই তাই ৰফিক ডাঙৰ-দীঘল কৰিছে তাই নিজে নাখাই খুৱাইছে- নিজে নিপিন্ধি পিন্ধাইছে ৰফিকক তাই পঢ়িবলৈ স্কুললৈও পঠাইছিল তাই আশা কৰিছিল, ৰফিক পঢ়ি শুনি ডাঙৰ মানুহ হ’ব, তাইৰ দুখৰ দিন উকলি সুখৰ দিন আহিব! কিন্তু তাই আশা কৰা মতে নহ’ল সি হ’ল এটা অমানুহহে পুতেকৰ অসামাজিক কাৰ্যৰ ফলত তাই এটা সময়ত লোকৰ আগত মুখ উলিয়াব নোৱাৰা হ' ৰফিক ল’ৰালিৰে পৰাই অঘাইতং প্ৰকৃতিৰ এনে কোনো কু-কর্ম নাই- যি সি ল’ৰালিত কৰা নাই! লেখা-পঢ়াত তাৰ মুঠেই মন নাছিল ঘৰৰ পৰা স্কুললৈ বুলি ওলাই গৈ স্কুললৈ যোৱাৰ পৰিৱৰ্ত্তে লোকৰ বাৰীত সোমাই তামোল-পাণ, নাৰিকল, আম, বগৰী, লিচু, লেতেকু, চুৰি কৰাৰ পৰা আৰম্ভ কৰি লগ-সমনীয়াৰ লগত কাজিয়া কৰা আছিল তাৰ নিত্য-নৈমিত্তিক ঘটনা প্রতিদিনে কিবা নহয় কিবা এটা গোচৰ লৈ গুচৰীয়া আহিছিল তাইৰ ওচৰলৈ একমাত্র সন্তান আৰু ভৱিষ্যতে বেয়া অভ্যাস ত্যাগ কৰিব বুলি ভাবি তাই লোকক বুজাই-বঢ়াই হাতে-ভৰিয়ে ধৰি ক্ষমা খুজি পুতেকক আঁচলেৰে ঢাকি ডাঙৰ-দীঘল কৰিছে

অঘাইতং প্ৰকৃতিৰ হ’লেও ৰফিক লেখা-পঢ়াত মোটামুটি ভালেই আছিল আৰু এটা পৰীক্ষা দিলেই সি এম, ই পাছ কৰিব পাৰিলেহেঁতেন কিন্তু এদিন এজন সহপাঠীৰ লগত কাজিয়া কৰি সি বিদ্যালয় এৰিলে বহু বুজোৱাৰ পাছতো সি পুনৰ বিদ্যালয় লৈ নগ’ল তায়ো বিশেষ জোৰ নিদিলে তাৰ ভালৰ কাৰণেহে স্কুললৈ পঠাইছিল! সি যদি নিজৰ ভালটোকে নুবজে তাইনো কৰিব কি ! একমাত্র পুতেক লেখা-পঢ়া নিশিকিলেও ডাঙৰ হৈ আন দহোটা ল’ৰাৰ দৰে কিবা এটা কৰি বৃদ্ধাৱস্থাত তাইক খুৱাব বুলি আশালৈয়ে তাই লোকৰ ঘৰৰ চুৱাপাত ধুই ৰফিকক ডাঙৰ-দীঘল কৰিছে

কিন্তু তাই আশা কামতে নহ' ডাঙৰ হোৱাৰ পাছতো ৰফিকৰ স্বভাৱ ভাল নহ’ল বেয়া সংগত পৰি আৰু অধিক বেয়াৰ ফালেহে ঢাল খালে তাৰ স্বভাৱ ৷ সি মদ-ভাং খাবলৈ ধৰিলে মদ-ভাঙৰ পইচা গোটাবলৈ গৈ সি চুৰিও কৰিবলৈ ল’লে ইতিমধ্যে চুৰি কৰিবলৈ গৈ ধৰা পৰি সি চাৰিবাৰ্মান জে'লৰ ভাতো খাই আহিছে স্বভাৱ ভাল হ'ব বুলি ভাবি তাই গাঁঠিৰ ধন খৰচ কৰি চাৰিবাৰেই তাক হাজোতৰপৰা মোকলাই আনিছে কিন্তু তাৰ স্বভাৱ ভাল নহ’ল আগৰ দৰে অসামাজিক আৰু অঘাইতং প্ৰকৃতিৰ হৈয়ে থাকিল

শেষৰবাৰ জামিনত মোকলাই অনাৰ পাছত তাক এখন কাপোৰৰ দোকানত গোমস্তা থৈছিল তাকনো কোনে গোমস্তা ৰাখিব ! তাৰ স্বভাৱ বেয়া বুলি অঞ্চলটোৰ আটায়ে জানে, তথাপি বৰকৈ ধৰাতহে মহাজনে তাইৰ মুখলৈ চাই তাক গোমস্তা ৰাখিছিল কিন্তু চুৰি কৰি ধৰা পৰি সি তাৰ পৰাও কেইদিনমান আগতে খেদা খাইছে মহাজনে তাক মাথোন দোকানৰ পৰা খেদিহে পঠাইছে, তাইৰ মুখলৈ চাই পুলিচৰ হাতত গতোৱা নাই

এইবাৰ ৰফিকে তাইৰ বুকুতে কামোৰ মাৰিছে বিয়া কৰাই দিলে স্বভাৱ ভাল হ’ব পাৰে বুলি ভাবি তাই তাৰ বিয়াৰ কথা ভাবি দুপদ গহনা বনাই পেৰাৰ ভিতৰত সোমাই থৈছিল ইতিমধ্যে কে’বাজনী কইনা চাইছেও কিন্তু তাৰ স্বভাৱৰ কথা জানি কোনেও ছোৱালী দিবলৈ ভৰসা পোৱা নাই সেয়ে গহনা দুপদ পেৰাৰ ভিতৰতে আছিল ৰফিকৰ স্বভাৱৰ কথা জানিয়ে তাই কথাটো তাক জনোৱা নাছিল তাই নজনালেও সি কেনেবাকৈ কথাটো গম পাই পেৰাৰ তলা ভাঙি গহনা দুপদ চুৰি কৰিছে তলা ভঙা দেখি তাই পেৰাৰ দুৱাৰ খুলি দেখিলে গহনা নাই গহনা কোনে নিছে এই কথা উপলব্ধি কৰিবলৈ তাইৰ পলম নহ' ৰফিকৰ বাহিৰে যে গহনা দুপদ বেলেগ কোনেও নিয়া নাই এই বিষয়ে নিশ্চিত হৈ তাই ৰফিকক কথাটো সোধাত সি একো নজনাৰ ভাওজুৰি ক'লে- গহনা? কিহৰ গহনা? মই কোনো গহনাৰ কথা নাজানো

তেতিয়া মহিমা বেওৱাই দৃঢ় কণ্ঠেৰে ক'লে- তোৰ-মোৰ বাহিৰে বেলেগ কোন আছে ঘৰখনত? তোৰ বাহিৰে কোনেও গহনা নিয়া নাই ভালে ভালে গহনা দুপদ উলিয়াই দে, নহ'লে তোক মই পুলিচত দিম এইবাৰ কিন্তু মই জামিনত মোকলাই নানো

পুলিচৰ ভয় দেখুৱাত ভয় খোৱাৰ পৰিৱৰ্ত্তে ৰফিকে ৰঙহে পালে হাঁহি হাঁহি ক'লে সি-পুলিচ ! পুলিচে মোৰ কি কৰিব? তোৰ কেটে- জেঙেৰ শুনি থকাতকৈ হাজোতত থকাই ভাল কাম নাই, বন নাই, বহি বহি চৰকাৰী খানা ইয়াতকৈ নো কি আৰু সুখৰ কথা হ’ব পাৰে!

তহঁতৰ দৰে দোদৰ পচলাহঁতে তেনেকৈ ক’বিয়ে মহিমাই অভিমানভৰা কণ্ঠত ক'লে- বহি বহি খাই তহঁতৰ পেটৰ ভাত হজম হয় কেনেকৈ? এইবাৰ মহিমাই প্ৰসংগ সলনি কৰি আবেগভৰা কণ্ঠত ক’লে- কিমান আশা বুকুত বান্ধি তোক স্কুললৈ পঠাইছিলো, সেই আশাত তই চেঁচা পানী ঢালিলি লিখা-পঢ়া নিশিকিলেও আন দহোটা ল’ৰাৰ দৰে বৃদ্ধ বয়সত কিবা এটা কৰি দুবেলা দুমুঠি খুৱাবি বুলি আশা কৰিছিলো, কিন্তু সেয়াও নহ’ল তই মোক খুওৱাতো দূৰৰে কথা, এতিয়া এই বৃদ্ধ বয়সত লোকৰ ঘৰৰ চুৱাপাত ধুই মইহে তোক খুৱাব লগা হৈছোঁ তোৰ দৰে পুতেক থকাতকৈ নথকাই ভাল তই মৰিলেও মই শান্তিত মৰিব পাৰিলোহেঁতেন

কি ক’লি? মই মৰিলে তই শান্তি পাবি! নিদিও মই গহনা গহনা ময়ে নিছো মই মৰিলে শান্তি পাবি বুলি কৈছ যেতিয়া গহনা বিক্ৰী কৰি মই সেই টকাৰে বিহ কিনি খাই মৰিয়ে তোৰ বুকু শাঁত পেলাম এইদৰে কৈয়ে ৰফিকে পকেটৰপৰা গহনা দুপদ উলিয়াই মাকৰ চকুৰ আগত নচুৱাই নচুৱাই ক’লে- এয়া তোৰ গহনা আজিয়ে বিক্ৰী কৰি বিহ কিনি খাম

এইদেৰে কৈয়ে ৰফিক দুৱাৰৰ ফালে আগবাঢ়িল মহিমা দুৱাৰ মুখলৈ আহি ক'লে- মই মৰি গ'লেও আজি তোক গহনা লৈ যাবলৈ নিদিওঁ এইদেৰে কৈয়ে তাই দুহাত প্ৰসাৰিত কৰি ক'লে-এয়া মই দুৱাৰ মুখত থিয় দিলোঁ- যা’চোন তই কেনেকৈ যাৱ গহনা লৈ!

ৰফিকে মুখেৰে একো নামাতিলে মাকক ঠেলা মাৰি বগৰাই পেলাই দি সি ঘৰৰ পৰা ওলাই গ' ঠেলা খাই মাক চৌকাঠৰ ওপৰত পৰি গ’ল চৌকাঠৰ কাঠত লাগি তাইৰ মুৰ ফাটি তেজ ব’বলৈ ধৰিলে ৰফিক সেইফালে উভতিকে নাচালে

ৰফিক সেই যে ওলাই গৈছে তাৰ পাছৰপৰা তাৰ কোনো খা-খবৰ নাই

মহিমাই এইবোৰ কথা ভাবি ভাবি আহি উকীলৰ চেম্বাৰ পালেহি উকীল ঘৰত নাছিল কথাটো বনকৰা ছোৱালীজনীয়ে তাইক জনালে তাই বাৰাণ্ডাত পাৰি থোৱা বেঞ্চত বহি উকীলৰ কাৰণে অপেক্ষা কৰিবলৈ ধৰিলে তাই বেছি পৰ অপেক্ষা কৰিব লগা নহ’ল খন্তেক পাছতে গেট খুলি উকীল সোমাই আহিল

মহিমা বেওৱাক দেখি চিনিব পাৰি উকীলে ক’লে- অ’ খুড়ী দেখোন আজি আহোঁতে অলপ পলমে হ’ল কালিৰ সেই কেচটো লৈ আহিছা নেকি? এইদৰে প্ৰশ্নটো সুধিয়ে মহিমা বেওৱাৰ উত্তৰলৈ অপেক্ষা নকৰি ক'লে- আজি এটা বৰ ডাঙৰ ঘটনা হ’ল নহয়, খুড়ী! যাৰ কাৰণে অহাত অলপ পলম হ’ল আজি কিছু আগতে বীৰেন মহাজনৰ সৰুটো ল’ৰা এক্সিডেণ্ট হৈ ঢুকাল

ঢুকাল মানে! মহিমাই চকু বিস্ফাৰিত কৰি সুধিলে- কেনেকৈ?

এঃ, নক’বা, খুড়ী বৰ মৰ্মান্তিক ঘটনা উকীলে ক’লে- মহাজনৰ সৰুটো পুতেক বিপুলে দোকানৰ কেছৰপৰা এশ টকীয়া নোট এখন চুৰি কৰিছিল মহাজনে কথাটো গম পাই তাক মাৰিবলৈ খেদি গৈছিল খেদা খাই ল’ৰাটো দৌৰি যাওতে বিপৰীত দিশৰপৰা অহা মাৰুতী এখনে তাক খুন্দা মাৰিলে সেই খুন্দাত ল’ৰাটো থিতাতে ঢুকাল মুৰটো একেবাৰে থেতেলি গৈছে এতিয়া মাকৰ অৱস্থা কি চাবা! পুতেকৰ শোকত উন্মাদপ্রায় হৈ পৰিছে

হ’বতো, মাকৰ মন বুজিছা মহিমাই বিজ্ঞৰ দৰে ক'লে- দহ মাহ দহ দিন পেটত ধৰিছে নিজৰ দেহৰ তেজ খুৱাই ডাঙৰ-দীঘল কৰিছে সন্তানতো মাক-বাপেকৰ কলিজাৰ দৰে কৈয়ে তাই মন্তব্য কৰিলে- বাপেকটো ইমানেই নির্দয় নে! সামান্য এশটা টকাৰ কাৰণে পুতেকক খেদি নি মটৰৰ তলত পেলাই মাৰিলে !

মহাজন মানুহ সিহঁতে টকাৰ বাহিৰে একো চিনি নাপায় নহয়, খুড়ী! সিহঁতে তেজৰ সম্বন্ধতকৈ টকাকহে অধিক গুৰুত্ব দিয়ে উকীলে মহিমা বেওৱাৰ সুৰতে সুৰ মিলাই এইদৰে কৈ মন্তব্য কৰিলে- মহাজনে এতিয়া পুতেকৰ শোকত চকুপানী টুকিছে এতিয়া চকুপানী টুকিলে কি হ’ব ! খেদি যোৱাৰ সময়ত কথাটো ভাবিব লাগিছিল ৷ এতিয়া মহাজনক আটায়ে লেই লেই ছেই ছেই কৰিছে এইদৰে মন্তব্য কৰিয়ে তেওঁ ক’লে- বাৰু খুড়ী, তুমি অকনমান বহা, মই হাত-মুখ ধুই আহি তোমাৰ কেছটো লেখি দিমহি

মহিমা বেওৱাই টপ্ৰাই ক'লে-নাই নাই, কেছ নিদিওঁ নিজৰে সন্তান! গহনা দুপদ তাৰ বিয়াৰ কাৰণেই বনাইছিলো তাৰ গহনা সিয়ে নিছে যেতিয়া, এতিয়া কেছ দি কি কৰিম? এইদৰে কৈয়ে মহিমাই মিছা মাতিলে- আচলতে কেছটো নিদিও বুলি ক’বলৈকে আজি আহিছো

উকীলে পৰ্যবেক্ষণৰ দৃষ্টিৰে মহিমা বেওৱাৰ ফালে চালে তাৰ পাছত মিচিকিয়া হাঁহি মাৰি মনে মনে ভাবিলে, ইয়াকে কয় মাকৰ মন!

(এদিনৰ সংবাদ-/২০১১)

                           অন্ত

 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

ছেলেবেলা সান্নিধ্যে আসা মুরব্বীদের সংক্ষিপ্ত পরিচয়।

ভাৰত তথা অসমৰ সাধাৰণ নিৰ্বাচনৰ সাৰাংশ-১৯৫২-২০২৪

শাস্তি (অনুবাদ উপন্যাস)